text
stringlengths
0
188k
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|
Covid 19ExplainedHealth ReportICMR
ফটো
...
...
...
শেহতীয়া বাতৰি
...
...
...
...
...
LIVE TV
শাখা
অসম
খবৰ
দেশ
বিশ্ব
জীৱন শৈলী
ফটো
ভিডিঅ
লাইভ টিভি
শেহতীয়া বাতৰি
আপুনি ওজন হ্ৰাস কৰিব বিচাৰে নেকি ? এই ৫ টা উপাদানে যাদুৰ দৰে চৰ্বি হ্ৰাস কৰিব ...
৭০% লোকে নিবিচাৰে ৰোনাল্ডো পৰ্তুগালৰ হৈ খেলক ! চাঞ্চল্যকৰ তথ্য ...
দীপিকা পাডুকনে ফিফা বিশ্বকাপত এটা বিশেষ দায়িত্ব লাভ কৰিছে, বিশ্বত প্ৰথমবাৰৰ বাবে এগৰাকী অভিনেত্ৰীয়ে এই সুযোগ পাইছে ...
শিশুৰ অধিকাৰ বিষয়ত সংবাদ পৰিৱেশন কৰা মেডিয়া ফে'লোক সম্বৰ্ধনা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ
ফিফাৰ ফাৰ্ষ্ট বয়ৰ সৈতে ৰোল নং ২৮-ৰ যুঁজ, ব্ৰাজিলে কেনে ধৰণৰ দল নমাব ফিল্ডত ?
আমাৰ বিষয়ে
আমাক যোগাযোগ কৰক
ব্যক্তিগত নীতি
কুকি পলিচী
চাইট মেপ
NETWORK 18 SITES
News18 India
CricketNext
News18 States
Bangla News
Gujarati News
Urdu News
Marathi News
TopperLearning
Moneycontrol
Firstpost
CompareIndia
History India
MTV India
In.com
Burrp
Clear Study Doubts
CAprep18
Education Franchisee Opportunity
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.<eot>কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বেনাৰত নামদাঙৰ স্থানীয় বাসিন্দাসকলে সোমবাৰে নামদাঙৰ খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰাৰ বিৰুদ্ধে ডিব্ৰুগড় উপায়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত...
হাতী-মানুহৰ সংঘাতৰ পৰিণতি! ডিগবৈ, জয়পুৰত মৃত অৱস্থাত উদ্ধাৰ দুটা বনৰীয়া হাতী
Two wild elephants were found dead ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত শনিবাৰে দুটা বনৰীয়া হাতী মৃত অৱস্থাত পোৱা গৈছে। ডিগবৈ আৰু...
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু
পার্থ প্রতীম মহন্তৰ বিৰুদ্ধে অভিযোগ তুলি ছচিয়েল মিডিয়াত 'মানহানিকৰ' বিভিন্ন 'আপত্তিজনক' ভিডিঅ' আপলোড কৰাৰ অভিযোগত জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী, তেওঁৰ...
আসাম ৰাইফলছৰ শিবিৰত সন্দেহযুক্ত এন এছ চি এন (কে)-আলফা (স্বাঃ) উগ্ৰপন্থীৰ গুলীচালনা
Suspected NSCN (K) and ULFA (I) militants fire স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকমুহূৰ্তত মঙলবাৰে পুৱা অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ইণ্ডো-ম্যানমাৰ সীমান্তৰ...
Students’ drowned in Siang river: ছিয়াং নদীত ডুবি সন্ধানহীন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুগৰাকী ছাত্ৰ
ডিব্ৰুগড়: Students' drowned in Siang river অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ ৰাণেঘাটত দেওবাৰে চিয়াং নদীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুজন ছাত্ৰ ডুবি সন্ধানহীন হৈছে।...
ডিব্ৰুগড়ৰ বৈদুল্লা খানৰ বাসগৃহত জিলা প্ৰশাসনে চলালে উচ্ছেদ অভিযান
ডিব্ৰুগড়: ডিব্ৰুগড় জিলা প্ৰশাসনে মঙলবাৰে পুৱা উচ্ছেদ অভিযান চলাই ডিব্ৰুগড়ৰ ঘোৰামাৰাত বৈদুল্লা খানৰ বাসগৃহ ভাঙি পেলায়। বৈদুল্লা খান পশু অধিকাৰ...
অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান
এক বৃহৎ ৰাজনৈতিক চমক সৃষ্টি কৰি দেওবাৰে ডিব্ৰুগড়ত আম আদমী পাৰ্টিত ৫০০০ ৰো অধিক লোকে যোগদান কৰে। আপে উজনি অসমত,...
ডিব্ৰুগড়ত উত্তেজিত চাহ বাগিচাৰ শ্ৰমিকে জীৱন্তে জ্বলাই দিলে শিশু হত্যাকাৰীক
ডিব্ৰুগড়ৰ ৰহমৰিয়া আৰক্ষীৰ চকীৰ অন্তৰ্গত ধলাজান চাহ বাগিচাত শনিবাৰে এটি ৫ বছৰীয়া শিশুক হত্যা কৰাৰ বাবে হত্যাকাৰীজনক উত্তেজিত চাহ বাগিচাৰ...
মৃতদেহ সলনি; অসম মেডিকেল কলেজ হাস্পাতালত মৃতকৰ আত্মীয়ক দিলে আন মৃতদেহ
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পাতালৰ কৰ্মচাৰীৰ গাফিলতিৰ স্বৰূপ উদঙাই মৃতকৰ আত্মীয়ক আনৰ মৃতদেহ চমজাই দিয়াৰ ঘটনা সংঘটিত হৈছে। অভিনাশ বৰা...
Journalist commits suicide অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে নিজকে গুলীয়াই আত্মহত্যা জ্যেষ্ঠ সাংবাদিক বিকাশ মৰানৰ!
Journalist commits suicide তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক ৫১বছৰীয়া বিকাশ মৰানে সোমবাৰে নিশা নিজ বাসগৃহতে নিজকেই গুলীয়াই আত্মহত্যা কৰে। আৰক্ষী সূত্ৰই জানিবলৈ...
Page 1 of 19 1 2 … 19 Next
Recent News
ইউক্ৰেইন যুদ্ধ : আলোচনাৰ পূৰ্বে দখলকৃত ভূমিক স্বীকৃতি দিয়াৰ দাবী ৰাছিয়াৰ
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>জুলাই মাহত কনফাৰেন্স এখনত অংশগ্ৰহনৰ বাবে আমেৰিকালৈ যাব লাগে৷ আমেৰিকাৰ ভিছাৰ আকৌ ঝামেলা ধেৰ, ক’ৰ কি কি যে তথ্য, নথি-পত্ৰ লাগে৷ চৌধ্য-পুৰুষৰ আঁতি-গুৰি মাৰি দিব লাগে, বিৰক্তিয়ে লাগিছে৷ তাতে মই ভাৰতৰ নাগৰিক হৈ নৰৱেৰ পৰা ভিছাৰ বাবে আৱেদন কৰাৰ বাবে আৰু বেছি সমৰ্থনমূলক নথি-পত্ৰ দিব লাগে৷ আমেৰিকাৰ দূতাৱাসৰ পৰা মেইল কৰিলে নৰৱেৰ কৰ-বিষয়া আৰু জনসংখ্যা পঞ্জীয়কৰ কাৰ্য্যালয়ৰ পৰা এখন নথি লাগে৷ ৰাতিপুৱাই অফিচলৈ যাঁওতে কৰ অফিচলৈ গ’লো৷ গৈ দেখো অফিচৰ দুৱাৰ বন্ধ, আৰু সন্মূখত কেইজনমান কৰ্মচাৰী চকী পাৰি বহি আছে৷ গাত সাৱধানসূচক স্ফূৰদ্দীপ চোলা৷ মই বোলো এতিয়াহে খা, কিবা হ’ল! চুচুক চামাক্কৈ আগবাঢ়ি গ’লো৷ গৈ সুধিলো যে অফিচ বন্ধ নেকি৷ বাহিৰত ৰৈ থকা কেইজনৰ ইংৰাজীৰ জ্ঞান সীমিত, মোৰো স্থানীয় ভাষাৰ জ্ঞান তথৈবচ৷ উপায় নাই! আকাৰে ইংগিতে কথাবোৰ বুজালো৷ ভাগ্য ভাল মই যিখন নথি লাগে তাৰ নামটো নৰৱেজিয়ান ভাষাতে কাগজ এখনত লিখি লৈ গৈছিলো৷ তেতিয়াহে তেওঁলোকে ক’লে যে ধৰ্মঘট চলিছে, অনিৰ্দিষ্ট ধৰ্মঘট৷ দেশজুৰি চৰকাৰী কৰ্মচাৰী সকলে যোৱা এসপ্তাহ ধৰি অনশন কৰি আছে৷ মৰ বাপেকে এতিয়া, মই এই মূলুকতে থাকিয়ো একো গমেই পোৱা নাই, অথচ অসমৰ বন্ধৰ বাতৰি ৰৌজাল-বৌজাল৷ ইয়াত স্কুল, ক’লেজ, গাড়ী-মটৰ সকলো দেখোন প্ৰাত্যহিক সাধাৰণ ভাৱেই চলি আছে৷ অসমত প্ৰতিদিনাই কোনোবা নহয় কোনোবা জিলা, মহকুমা বন্ধ থাকেই৷ হিংসা, গাড়ী-মটৰ, দোকান পোহাৰ ভঙা, লাঠিচালনা, গুলীচালনা যেন কিবা সাধাৰণ ৰুটীন৷ এখন দেশত এসপ্তাহ ধৰি দেশজোৰা ধৰ্মঘট আৰু মই গমেই নেপাঁও৷ নিজকে কিবা বুৰ্বকৰ নিচিনা লাগিল৷ বাৰু যিকি নহওক, সেমনা সেমেন কৰি মোৰ নিজৰ অফিচৰ ফালে ৰাওনা হ’লো৷ ৰাস্তাত দেখিলো বিভিন্ন ঠাইত বিভিন্ন অফিচৰ সন্মূখত একেদৰেই জুম পাতি পাতি কিছুমান লোক একেধৰণৰ সাৱধানমূলক জেকেট পিন্ধি ৰৈ আছে৷ ৰাস্তাত কোনো ধৰ্না নাই, সমদল নাই, পুলিছো নাই৷ নৰৱে পৃথিৱীৰ অন্যতম শান্তিপ্ৰিয় দেশ আৰু ইয়াত সৰ্বসাধাৰণতে ৰাস্তাত অস্ত্ৰধাৰী পুলিছ কেতিয়াও দেখা পোৱা নেযায়৷ আজি দেশজোৰা ধৰ্মঘটৰ দিনটোও তাৰ ব্যতিক্ৰম নহ’ল৷
মই তাৰ পৰা উভতি গৈ অফিচ পালোগে৷ মোৰ সহকৰ্মী ডঃ য়েনছ্ ৰহলফক সুধিলো তেখেতে ধৰ্মঘটৰ কথা কিবা জানে নেকি৷ তেখেতে তেতিয়াহে মোক অলপ বিতংভাৱে ক’লে৷ আৰু ক’লে যে দৰাচলতে আমিও অফিচ বৰ্জ্জন কৰিব পাৰো৷ কিন্তু আমাৰ গৱেষণাগোটৰ কোনেও বৰ্জ্জন কৰা দেখা নেপালো৷ বিভিন্ন বিভাগৰ কৰ্মচাৰী সংগঠনৰ হৈ এজন বা দুজন প্ৰতিনিধি হিচাপে গৈ ধৰ্মঘটত অংশ লৈছে৷ কিন্তু ইয়েই মোটামুটি ৰাজহুৱা প্ৰশাসন ব্যৱস্থা, পুলিচ, কৰ বিভাগ, শিশুকল্যাণ বিভাগ, চাফাই বিভাগ আদি মোটামুটি অচল কৰি তুলিছে৷ চৰকাৰে সঘনাই ধৰ্মঘটকাৰীৰ লগত আলোচনাত বহিছে৷ পেপাৰত নিউজবোৰ পঢ়িলো৷ ইতিমধ্যে এক বিশ্বজোৰা বাতৰি হৈ পৰিছে এই ধৰ্মঘটৰ কথা৷ নৰৱেৰ চৰকাৰী কৰ্মচাৰী সকলে ১৯৮৪ চনৰ পিচত প্ৰথমবাৰৰ বাবে এই দৰে ধৰ্মঘটত নামিছে৷ ধৰ্মঘটৰ কাৰণ বেচৰকাৰী খণ্ডৰ কৰ্মচাৰীৰ লগত ফেৰ মাৰিব পৰাকৈ দৰমহা বৃদ্ধি কৰিব লাগে৷
পৃথিৱীৰ ভিতৰতে অন্যতম ধনী নৰৱে এখন সমাজতান্ত্ৰিক দেশ৷ মানৱ সম্পদ বিকাশৰ সূচাংকৰ (Human Development Index) তালিকাত যোৱা কেইবাবছৰ ধৰি নৰৱেই পৃথিৱীৰ ভিৰতে প্ৰথম স্থানত আছে৷ ইয়াৰ মানুহৰ জীৱন-ধাৰণৰ মানদণ্ড পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ৷ ইয়াত ধনী-দুখীয়াৰ প্ৰাৰ্থক্য বেছি নহয়, আৰু দুৰ্নীতি প্ৰায় শূণ্য৷ ইয়াৰ কাৰণ হৈছে ইয়াৰ প্ৰত্যেকজন নাগৰিকৰ বা ইয়াত বসবাস কৰা, কাম কৰা প্ৰতিজন লোকৰে এটা চিনাক্তকৰণ সংখ্যা (National Identity Number) থাকে৷ আলু-পিয়াঁজ কিনাৰ পৰা, হাতী-ঘোঁৰা, ঘৰ-গাড়ী, মোবাইল চিম, বেংক একাউন্ট সকলোতে সেই নম্বৰটো লাগে৷ সেইটোৰ অবিহনে কোনো ইয়াত থাকিব নোৱাৰে আৰু একো কাম কৰিব নোৱাৰে৷ গতিকে কোনেও অৰ্থনৈতিক দুৰ্নীতিত লিপ্ত হ’বই নোৱাৰে৷ ইয়াত কাৰ কিমান সম্পত্তি (মোৰ দৰে সাধাৰণ এজনৰ পৰা ৰজালৈকে), কোনে কিমান উপাৰ্জ্জন কৰিছে, কিমান কৰ দিছে সকলো তথ্য ৰাজহুৱা ভাৱে উপলব্ধ৷ দৰমহা যিমানে বাঢ়ি যায়, কৰৰ পৰিমাণ সিমানেই বাঢ়ি যায়৷ মই ৩২% কৰ দিওঁ, মোৰ বছে ৪৭% কৰ দিয়ে৷ ১০ মিলিয়নৰ ক্ৰ’নাৰৰ ওপৰত যাৰ দৰমহা বা উপাৰ্জ্জিত সম্পত্তি আছে সকলোৰে ওপৰত বছৰি ৬০ % কৰ৷ গতিকে মোটামুটি ধনী-দুখীয়াৰ পাৰ্থক্য বেছি নহয়৷ কিন্তু বেচৰকাৰী খণ্ডত দৰমহা অলপ বেছি৷ সেয়ে চৰকাৰী খণ্ডৰ কৰ্মচাৰী সকলে দৰমহা সংশোধনৰ দাবীত ধৰ্মঘট কৰিছে৷ ইয়াৰ কৰ ব্যৱস্থাৰ, সামাজিক সমভাৱৰ ব্যৱস্থাৰ প্ৰতিও বহুলোক বীতশ্ৰদ্ধ৷ কাৰণ কোনোবাই অধিক কষ্ট কৰি, বা অতি কুশলতাৰে কাম কৰিলেও লাভাণ্বিত নহয়৷ দৰমহা বা উপাৰ্জ্জন যিমানে বাঢ়ে, কৰৰ পৰিমানো সিমানেই বাঢ়ে, গতিকে শেষত গৈ একেই৷ অৱশ্যে স্বাস্থ্য তথা সামাজিক সুৰক্ষা ১০০% বিনামূলীয়া৷ তদুপৰি পঢ়া-শুনা কৰি ডিগ্ৰী পোৱাৰ পাচতো যদি কোনোৱে চাকৰি পোৱা নাই, তেন্তে চৰকাৰে মাহে ৯০০০ ক্ৰ’নাৰ (প্ৰায় ৮০ হাজাৰ ভাৰতীয় টকা) নিবনুৱা ভাত্তা দিয়ে৷ গতিকে চাকৰি নেথাকিলেও কোনেও নেখাই নমৰে৷
নৰৱেই অতি উদাৰ ভাৱে বহু আন্তঃৰাষ্ট্ৰীয় শৰণাৰ্থীক আশ্ৰয় দি আহিছে৷ বিশেষকৈ চোমালিয়াৰ বিদ্ৰোহ, ভিয়েটনাম যুদ্ধ, শ্ৰীলংকাৰ গৃহযুদ্ধ, ইৰাক-ইৰাণ-আফগানিস্থানৰ যুদ্ধৰ সময়ৰ বহু শৰণাৰ্থীক উদাৰ ভাৱে আশ্ৰয় দি আহিছে ইয়াৰ চৰকাৰে৷ কিন্তু নিজৰ নাগৰিক আৰু এনে মানুহৰ মাজত কোনো ব্যৱধান ৰখা নাই৷ শিক্ষা-দীক্ষা, সামাজিক সুৰক্ষা, স্বাস্থ্য সকলোবোৰ ১০০% প্ৰদান কৰিছে৷ বিভিন্ন বিষয়ৰ কৰ্মমূখী প্ৰশিক্ষণ প্ৰদান কৰিছে, যাতে নিজে স্বাৱলম্বী হৈ কাম কৰিব পাৰে৷ বহুতেই তেনে ধৰনে কামত যোগদান কৰিছে৷ কিন্তু কিছুমানে প্ৰশিক্ষণ লোৱাৰ অন্তত, চাকৰিৰ বাবে সাক্ষাৎকাৰ দিবলৈ যোৱাৰ সময়ত জানি-বুজি দুৰ্বল প্ৰদৰ্শন কৰে যাতে নিয়োগকৰ্ত্তাই চাকৰি নিদিবলৈ বাধ্য হয়৷ তেতিয়া চাকৰি নেপালো বুলি কৈ তেওঁলোকে চৰকাৰৰ পৰা বিনামূলীয়া সা-সুবিধা আদায় কৰি থাকিব পাৰিব৷ বহু এনে শৰনাৰ্থীয়ে ধৰ্মীয় আচাৰৰ দোহাই দি বহুক্ষেত্ৰত ইয়াৰ সাংবিধানিক নীতিক উলংঘা কৰি সমান্তৰাল সংবিধান চলোৱাৰ কথাও কেতিয়াবা শুনা যায়৷ এনেবোৰ কথা-কাণ্ডই পৰিশ্ৰম কৰা বহু চৰকাৰী চাকৰিয়ালক অসন্তুষ্ট কৰি তুলিছে৷ কোনোৱে নিষ্ঠাসহকাৰে পৰিশ্ৰম কৰি কৰ দিব আৰু কোনোবাই সেই টকাৰে বিনাপৰিশ্ৰমেৰে উপভোগ কৰিব৷ যদিও শান্তিপ্ৰিয় নৰৱেজিয়ান সকলে কাকো ৰাজহুৱাকৈ বেয়াকৈ কোৱা, গালি দিয়া বা বৰ্ণবৈষম্যমূলক আচৰণ কৰাৰ নজিৰ বিৰল৷ অন্ততঃ মই আজিলৈকে দেখা নাই৷
ইয়াতো বিভিন্ন কৰ্মচাৰী সংগঠন আছে৷ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, কেইটামান সংগঠনে চৰকাৰৰ লগত বুজা-পৰালৈ আহি ইতিমধ্যে ধৰ্মঘট প্ৰত্যাহাৰ কৰিছে৷ কিন্তু সৰহসংখ্যকেই এতিয়াও ধৰ্মঘট অব্যাহত ৰাখিছে৷ প্ৰয়োজন হ’লে চৰকাৰী খণ্ডৰ প্ৰায় ৩০০০০০ কৰ্মচাৰীয়ে একেলগে ধৰ্মঘটলৈ আহি প্ৰশাসন অচল কৰি দিয়াৰ ভাবুকি দিছে৷ মোৰ মনে হয় ৰাজনীতিকৰ চৰিত্ৰবোৰ বিশ্বব্যাপী একেই৷ দুৰ্নীতি নকৰিলেও বহুক্ষেত্ৰত তেওঁলোকৰ ক্ষমতা প্ৰয়োগ কৰে৷ কূটনীতিৰে বিভিন্ন কৰ্মচাৰী সংগঠনসমূহৰ নেতাসকলৰ মতামতক ভাগ ভাগ কৰোৱাত যে চৰকাৰৰ হাত নাই তাক নুই কৰিব নোৱাৰি, যদিও এইয়া মোৰহে সম্পূৰ্ণ ব্যক্তিগত ধাৰণা৷
বাৰু যিকি নহওক, অফিচ আহি পায় আমেৰিকাৰ দূতাৱাসলৈ মেইল কৰিলো যে এই এই অৱস্থা, কি কৰা যায়৷ ইতিমধ্যে মোৰ অধ্যাপক, আমেৰিকাৰ পৰা নিমন্ত্ৰণ জনোৱা কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক দুয়োজনে পৰিস্থিতি সন্দৰ্ভত অচল’ত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূতলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ ভিছাৰ কথা এতিয়া ভগৱানেহে জানে৷ কিন্তু অতি দুখজনক ভাৱে ঘৰ আহি পাই দেখিলো ভাৰত বন্ধৰ ডাঙৰ ডাঙৰ হেডলাইন খবৰ অসমৰ বাতৰি কাততত৷ ভাৰতৰ আন প্ৰদেশত বন্ধ হৈছেনে নাই নেজানো, অসমত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ৷ অনেক ঠাইত হিংসাত্মক ঘটনাও হৈছে হেনো৷ আমাৰ অসমৰ ৰাইজৰ বাবে বন্ধ বুলি ক’লেই যেন এক উৎসৱৰ নিচিনা হৈ পৰিছে৷ এইখিনিতে ২০০৪/২০০৫ চন মানৰ এটা খবৰ মনত পৰিছে৷ মই তেতিয়া চেন্নাইত অধ্যয়নৰত আৰু কাঞ্চীপুৰমত থাকো৷ সেইবাৰো বিজেপিয়ে ভাৰত বন্ধৰ আহ্বান দিছে, কাৰণ কাঞ্চীপুৰমৰ শংকৰাচাৰ্য্যক কিবা কাৰণত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ বাৰু সেইটো বেলেগ কথা, আচল কথাটো শুনিলে ৰাইজৰ চকু কপালত উঠিব৷ মই ঘৰলৈ ফোন কৰিলো, আৰু গম পালো যে সেইদিনা ভাৰত বন্ধ আৰু অসমত তাৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে৷ মইটো আচৰিত, আমাৰ ইয়াত একোৱেই নাই, সব খোলা, সাধাৰণ ভাৱে জন-জীৱন চলি আছে৷ বুজক ৰাইজে এতিয়া, কাঞ্চীপুৰমৰ ঘটনাক লৈ ভাৰত বন্ধ অথচ কাঞ্চীপুৰমৰ মানুহেই নেজানে আৰু অসমত সৰ্বাত্মক বন্ধ পালন৷ এইয়াই অসমীয়া জাতিৰ জাতীয় চৰিত্ৰ৷ কামত ফাঁকি দিয়া অসমীয়া জাতিয়ে খোলা হ’লেহে বেয়া পায়৷ আমাৰ মিডিয়াইও বন্ধ হ’লে ভাল পায়, গৰম গৰম ব্ৰেকিং নিউজ থাকে৷ সেয়ে দিনে দিনে অধঃপতন হৈছে আমাৰ জাতিৰ, এক ধূসৰ ভৱিষ্যতলৈ গতি কৰা আমাৰ সমাজ, বিফল ৰাজনৈতিক নেতৃত্ব, বিফল বৌদ্ধিক নেতৃত্ব, বিফল সংবাদ মাধ্যম৷
প্ৰতিবাদৰ বিকল্প ভাষা কেতিয়া শিকিব আমাৰ জাতিয়ে?
(নৰৱেৰ ধৰ্মঘট সম্পৰ্কে বিবিচিয়ে প্ৰকাশ কৰা বাতৰিৰ লিংক এটা দিলো৷ সাৱধানমূলক জেকেট পিন্ধা লোকৰ ফটো ইয়াত দেখা পাব৷)
http://www.bbc.co.uk/news/world-europe-18188917
–**–
← বিপ্লৱৰ ফেন্টাচী- (অজয় লাল দত্ত)
আশা -(কাকলি বৰুৱা) →
You May Also Like
ইচ্ছাশক্তি – ড° সমাদৃতা গোস্বামী
November 30, 2016 0
দুঃসাহসিক ভ্ৰমণ বিষয়ক দুখন গ্ৰন্থত ৰহস্যময় হিমালয় আৰু তিব্বত – ধীৰেন শইকীয়া
June 16, 2020 0
পৃথিৱীতকৈ তিনিগুণ ডাঙৰ এটা নতুন গ্ৰহ – পংকজ বৰুৱা
December 17, 2017 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments