_id
stringlengths 64
64
| text
stringlengths 355
6.65k
| title
stringclasses 1
value |
---|---|---|
52f5fcd6e7583b4e4a298304efd21cf03bb49d937581ff5fad2c290a5902be19 | ১২১০ খ্ৰীষ্টাব্দত তেলুগু চোলসকলে তেওঁৰ সাৰ্বভৌমত্ব মানি লৈছিল। পূৱে গোদাবৰী বদ্বীপৰ পৰা পশ্চিমে ৰায়চুৰ (এতিয়া কৰ্ণাটক ৰাজ্যত) আৰু উত্তৰে কৰিমনগৰ আৰু বস্তাৰৰ (এতিয়া ছত্তিশগড় ৰাজ্যত)পৰা দক্ষিণে শ্ৰীশৈলম আৰু ত্ৰিপুৰান্তকম (ওঙ্গলৰ ওচৰত) পৰ্যন্ত অঞ্চল তেওঁ নিজৰ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। তেওঁৰ ৰাজত্বকালতেই গোলকুণ্ডা দুৰ্গ নিৰ্মিত হৈছিল। কাকতীয় ৰাজবংশৰ অন্যান্য উল্লেখযোগ্য শাসকসকল হʼল ৰুদ্ৰামা দেৱী আৰু প্ৰতাপৰুদ্ৰ। ১৩০৯ খ্ৰীষ্টাব্দত মালিক কাফুৰৰ আক্ৰমণৰ পাছত এই ৰাজ্য দুৰ্বল হৈ পৰে। মহম্মদ বিন টোগলকে ১৩২৩ খ্ৰীষ্টাব্দত প্ৰতাপৰুদ্ৰক পৰাজিত কৰাত এই ৰাজবংশৰ পতন ঘটে। চতুৰ্দাশ শতাব্দীত তেলঙ্গানা অঞ্চলটি দিল্লীৰ চুলতানৰ অধীনলৈ যায়। | |
6f4fb1e4a35208fb3370f83c023b0e8ba9bda5534d3499434a1c8c8f2c6e94a8 | ১৮০০ খ্ৰী:পূ:ৰ পৰাই সিন্ধু সভ্যতাৰ পতন আৰম্ভ হয় আৰু ১৭০০ খ্ৰী:পূ:লৈ ইয়াৰ প্ৰায়ভাগ নগৰেই বৰ্জিত হৈ পৰে। ১৯৫৩ চনত মৰ্টিমাৰ হুইলাৰে মধ্য এচিয়াৰ আৰ্যসকলৰ আগমনেই সিন্ধু সভ্যতাৰ পতনৰ কাৰক হোৱাৰ সম্ভাৱনীয়তাৰ কথা ব্যক্ত কৰে। ইয়াৰ প্ৰমাণস্বৰূপে তেওঁ মহেঞ্জোদাৰোৰ বিভিন্ন ঠাইত আৱিষ্কাৰ হোৱা ৩৭টা কংকাল আৰু বেদসমূহত বৰ্ণিত যুদ্ধ আৰু দুৰ্গসমূহৰ কথা উল্লেখ কৰে। অৱশ্যে ইতিহাসবিদসকলে এই সম্ভাৱনীয়তা নুই কৰে, কিয়নো এই কংকালসমূহৰ কাল নগৰসমূহ বৰ্জিত হোৱাৰ সময়তকৈ পিছৰ আৰু এইসমূহ দুৰ্গৰ কাষতে পোৱা গৈছে। ১৯৯৪ চনৰ গৱেষণাই দেখুৱায় যে কংকালসমূহৰ লাওখোলাসমূহৰ ক্ষতি জহি যোৱাৰ ফলতহে হৈছে, কোনো আঘাতৰ ফলত নহয়। বহুতো গৱেষকে মত পোষণ কৰে যে খৰাং আৰু ইজিপ্ট তথা মেচ’পটেমিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কৰ অৱনতি ঘটাৰ ফলতহে সিন্ধু সভ্যতা ধ্বংস হয়। | |
e048d5d08148383069d3e4427577bbd23be2a3adea8e8aefb37d3ffcfa98265d | ১৮২৮ চনৰ ১৯ নৱেম্বৰত বাৰাণাসীৰ এটা মাৰাঠী কাৰ্হাডে ব্ৰাহ্মণ পৰিয়ালত ৰাণী লক্ষ্মীবাইৰ জন্ম হৈছিল। জন্মৰ সময়ত তেওঁৰ নাম ৰখা হৈছিল মণিকৰ্ণিকা তাম্বে আৰু সকলোৱে তেওঁক মণি বুলি মাতিছিল। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে ম'ৰ'পাণ্ট তাম্বে' আৰু ভাগীৰথী ছাপ্ৰে' (ভাগীৰথী বাই)। পিতৃ-মাতৃ উভয়েই মহাৰাষ্ট্ৰৰ লোক আছিল। লক্ষ্মীবাইৰ মাত্ৰ চাৰি বছৰ বয়সতে মাতৃৰ মৃত্যু হয়। পিতৃ ম'ৰ'পাণ্ট বিথুৰ জিলাৰ পেশ্বা আদালতত কাম কৰিছিল। তেওঁ ঘৰতেই শিক্ষা লাভ কৰিছিল আৰু তেওঁৰ সমবয়সীয়া আনবোৰ ছোৱালীতকৈ শৈশৱত বেছি স্বাধীন আছিল। শৈশৱৰ লগৰী নানা চাহিব আৰু তাত্যা তোপৰ লগত লক্ষ্মীবায়ে শ্বুটিং, ঘোঁৰা চলোৱা,মাল্লাখাম্বা আদি ভিন্নধৰণৰ শিক্ষা লাভ কৰিছিল। ৰাণী লক্ষ্মীবায়ে ৰাজপ্ৰাসাদ আৰু মন্দিৰৰ মাজত দুজনমান ৰখীয়া লগত লৈ ঘোঁৰা চেঁকুৰোৱাটো অভ্যাসত পৰিণত হৈছিল। | |
2648e3e309347251d00fd1729d6fd83f226a98e761a07df7ee4a0d8a13c11c7d | ১৮৪১ চনত সংস্কৃত মহাবিদ্যালয়ত শিক্ষা সমাপ্ত হোৱাৰ পাছত সেই বছৰতেই ২৯ ডিচেম্বৰত মাত্ৰ ২১ বছৰ বয়সত “ফ’ৰ্ট উইলিয়াম কলেজ”ৰ বঙালী বিভাগৰ চিৰস্তাদাৰ বা প্ৰধান পণ্ডিতৰ পদত নিয়োজিত হয়। তেতিয়া বেতন মাহেকে ৫০ টকা আছিল। ১৮৪৬ চনত ৫ এপ্ৰিল পৰ্যন্ত তেওঁ এই পদৰ দায়িত্বত আছিল। ১৮৪৬ চনত ৬ এপ্ৰিল একেই বেতন হাৰত সংস্কৃত কলেজৰ সহকাৰী সম্পাদকৰ কাৰ্যভাৰ গ্ৰহণ কৰে। তেতিয়া তেখেতৰ বয়স ২৫ বছৰ আছিল। ১৮৪৭ চনত “সংস্কৃত প্ৰেছ ডিপজিটৰি” নামে এটা গ্ৰন্থৰ বিপনী স্থাপন কৰে। এই বছৰতে এপ্ৰিল মাহত হিন্দী বেতাল পচ্চিসী অৱলম্বনত ৰচিত তেখেতৰ প্ৰথম গ্ৰন্থ বেতাল পঞ্চবিংশতি প্ৰকাশিত হয়। বন্ধু মদনমোহন তৰ্কালঙ্কাৰৰ সম অংশীদাৰীত্বত সংস্কৃত যন্ত্ৰ নামে এটা ছপাখানাও তেওঁ স্থাপন কৰে। অন্নদামঙ্গল কাব্যৰ পাণ্ডুলিপি সংগ্ৰহৰ বাবে এই বছৰতে বিদ্যাসাগৰ নদিয়াৰ “কৃষ্ণনগৰ”লৈ আহে। তেওঁ কৃষ্ণনগৰ ৰাজবাৰীত সংৰক্ষিত মূল গ্ৰন্থৰ পাঠ অনুসৰি পৰিশোধিত আকাৰে দুই খণ্ডত অন্নদামঙ্গল সম্পাদনা কৰিছিল। এই গ্ৰন্থখন সংস্কৃত যন্ত্ৰ প্ৰেছৰ প্ৰথম মুদ্ৰিত গ্ৰন্থ। ১৮৪৭ চনত ১৬ জুলাইত কলেজ পৰিচালনাৰ কামত ছেক্ৰেটেৰী ৰসময় দত্তৰ সৈতে মতান্তৰ দেখা দিয়াত সংস্কৃত কলেজৰ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰে। ১৮৪৯ চনত মাৰ্ছমেনৰ হিষ্ট্ৰি অৱ্ বেঙ্গলৰ অৱলম্বনত বাংলাৰ ইতিহাস দ্বিতীয় ভাগ গ্ৰন্থখনি ৰচনা কৰে। সেই বছৰতে ১ মাৰ্চত মাহিলী ৮০ টাকা বেতনত “ফোৰ্ট উইলিয়াম কলেজ”ত হেডৰাইটাৰ আৰু কোষাধ্যক্ষ পদত নিয়োজিত হয়। বন্ধু আৰু হিতৈষীসকলৰ সহযোগিতাত সমাজ সংস্কাৰ আন্দোলনৰ লক্ষ্য কৰি সৰ্ব্বশুভকৰী সভা স্থাপন কৰে। ছেপ্টেম্বৰত উইলিয়াম আৰু ৰবাৰ্ট চেম্বাৰ্স ৰচিত খ্যাতিমান ইংৰাজ মণীষীসকলৰ জীৱনীৰ অৱলম্বনত তেখেতৰ লেখা জীৱনচৰিত গ্ৰন্থখন প্ৰকাশিত হয়। ১৮৫০ চনৰ আগষ্ট মাহত মদনমোহন তৰ্কালঙ্কাৰৰ সহযোগিতাত সৰ্ব্বশুভকৰী পত্ৰিকা প্ৰকাশ কৰে। ইয়াৰ প্ৰথম সংখ্যাত “বাল্যবিবাহৰ দোষ” নামেৰে এটা বঙালী প্ৰবন্ধ প্ৰকাশিত হয়। ৪ ডিচেম্বৰত ফোৰ্ট উইলিয়ামৰ কাম অব্যাহতি দি ৫ ডিচেম্বৰত সংস্কৃত কলেজত সাহিত্যৰ অধ্যাপকৰ পদ গ্ৰহণ কৰে। | |
ae4d7b20dbb21929b68aa90ac3cd768bd44e6637a5e161d6e25c66545655d488 | ১৮৪২ চনৰ মে' মাহত ঝান্সীৰ মহাৰাজ ৰজা গংগাধৰ নেৱালকাৰৰ সৈতে মণিকৰ্ণিকাৰ বিয়া হৈছিল। তেতিয়াৰ পৰা পৰম্পৰা অনুযায়ী আৰু হিন্দু ধৰ্মৰ দেৱী লক্ষ্মীৰ সন্মানত তেওঁ লক্ষ্মীবাই নামেৰে পৰিচিত হয়। ১৮৫১ চনত লক্ষ্মীবায়ে পুত্ৰ সন্তান এটা জন্ম দিছিল। পিছলৈ দামোদৰ ৰাও নাম দিয়া এই ল'ৰাটোৰ মাত্ৰ চাৰি মাহ পিছতে মৃত্যু হয়। মহাৰাজই সম্পৰ্কীয় ল'ৰা আনন্দ ৰাওক পুত্ৰৰূপে তুলি লৈছিল। মহাৰাজৰ মৃত্যুৰ মাত্ৰ এদিন পূৰ্বে আনন্দ ৰাওৰ নামটো দামোদৰ ৰাওলৈ সলনি কৰা হয়। এই কামটো ব্ৰিটিছ ৰাজনৈতিক বিষয়াৰ উপস্থিতিত কৰা হৈছিল। মহাৰাজই এখন চিঠিৰে নিৰ্দেশনাও দিছিল যে ল'ৰাটোক উপযুক্ত সন্মান দিব লাগিব আৰু ঝাঁসীৰ চৰকাৰখন তেওঁৰ বিধৱা পত্নীয়ে গোটেই জীৱনকালৰ বাবে লাভ কৰিব। ১৮৫৩ চনৰ নৱেম্বৰত মহাৰাজৰ মৃত্যুৰ পিছত দামোদৰ ৰাও (পূৰ্বৰ নাম আনন্দ ৰাও) তোলনীয়া সন্তান হোৱাৰ অজুহাত দেখুৱাই গভৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউছিৰ অধীনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ঝান্সীত স্বত্ব বিলোপ নীতি প্ৰয়োগ কৰিলে। | |
3cc28a1c92833d70a269368c9d1521612acde95de00b194f8913b38d0a564b04 | ১৮৪৫ চনৰ মাজত হৰ্নবি ভেলাৰ্ড প্ৰকল্পৰ কল্যাণত বোম্বাইৰ সাতোটা দ্বীপ একক ভূখণ্ডত পৰিণত হয়। ১৮৫৩ চনৰ ১৬ এপ্ৰিলত বোম্বাই আৰু পাৰ্শ্বৱৰ্তী চহৰ থানেৰ মাজত ভাৰতৰ প্ৰথম যাত্ৰীবাহী ৰেল পৰিসেৱা আৰম্ভ হয়। আমেৰিকাৰ গৃহযুদ্ধৰ (১৮৬১-৬৫) সময়ত বোম্বাই বিশ্বৰ প্ৰধান ক’পাৰ্চ বাণিজ্য বজাৰত পৰিণত হয়। ইয়াৰ ফলত চহৰৰ ব্যাপক অৰ্থনৈতিক উন্নতি সাধন হয় আৰু তাৰ ফলত চহৰৰ গুৰুত্বও বহুলাংশে বৃদ্ধি পায়। ১৮৬৯ চনত চুৱেজ খাল উদ্বোধনৰ পাছত বোম্বাই আৰব সাগৰৰ বৃহত্তম সমুদ্ৰবন্দৰত পৰিণত হয়। ১৮৯৬ চনৰ ছেপ্টেম্বৰ মাহত চহৰত বিউবনিক প্লেগ মহামাৰীৰ প্ৰাদুৰ্ভাব ঘটাত প্ৰতি সপ্তাহে ১,৯০০ লোকৰ মৃত্যু হবলৈ আৰম্ভ কৰে। এই সময়ত প্ৰায় ৮৫০,০০০ লোকে বোম্বাই এৰি পলায়ন কৰে। ইয়াৰ বস্ত্ৰবয়ন শিল্পও ভীষণভাবে ক্ষতিগ্ৰস্থ হয়। বোম্বাই প্ৰেচিডেন্সিৰ ৰাজধানী হিচাপে এই চহৰ ভাৰতীয় স্বাধীনতা আন্দোলনৰ বিভিন্ন ঘটনাৰ সাক্ষী। এইবোৰৰ মাজত বিশেষভাবে উল্লেখযোগ্য ১৯৪২ চনৰ ভাৰত চোৰো আন্দোলন আৰু ১৯৪৬ চনৰ ভাৰতীয় নৌবিদ্ৰোহ। ১৯৪৭ চনত স্বাধীনতা অৰ্জনৰ পাছৰ পৰাই বোম্বাই প্ৰেচিডেন্সিৰ অঞ্চলসমূহ বোম্বাই ৰাজ্য নামেৰে ভাৰতৰ অন্তৰ্গত হয়। একাধিক দেশীয় ৰাজ্যৰ অন্তৰ্ভুক্তিৰ ফলত বোম্বাই ৰাজ্যৰ আয়তন বৃদ্ধি পায়। ১৯৫০ চনৰ এপ্ৰিল মাহত বোম্বাই উপনগৰ জিলা আৰু বোম্বাই নগৰীক একত্ৰিত কৰে বৃহত্তৰ বোম্বাই পৌৰসংস্থা গঠিত হয়। বৃহত্তৰ বোম্বাই ৰাজস্ব জিলা আৰু বৃহত্তৰ বোম্বাই পৌৰসংস্থাৰ ভৌগোলিক সীমা এই সময়ত একেই আছিল। ১৯৯০ চনৰ ১ অক্টোবৰত বৃহত্তৰ বোম্বাই জিলাক দ্বি-খণ্ডিত কৰি মুম্বাই জিলা আৰু মুম্বাই উপনগৰ জিলা গঠিত হয়। যদিও এই দুই জিলা একেই পৌৰসংস্থাৰ অধিভুক্ত। ১৯৫৫ চনৰ এক লোকসভা আলোচনাত ভাৰতীয় জাতীয় কংগ্ৰেছে মুম্বাই চহৰক লৈ এক স্বশাসিত নগৰৰাজ্য স্থাপনৰ দাবী জনায়। ১৯৫৬ চনত ৰাজ্য পুনৰ্গঠন কমিশ্বনে বোম্বাই চহৰক ৰাজধানী কৰি দ্বিভাষিক মহাৰাষ্ট্ৰ-গুজৰাট ৰাজ্য গঠনৰ চুপাৰিছ কৰে। বোম্বাই চিটিজেন্চ কমিটি নামৰ নেতৃস্থানীয় গুজৰাটী শিল্পপতিসকলৰ এটা সংস্থাই বোম্বাইৰ স্বশাসনৰ পক্ষে মতপ্ৰকাশ কৰে। ১৯৫৭ চনৰ নিৰ্বাচনত সংযুক্ত মহাৰাষ্ট্ৰ সমিতি এ সকলো প্ৰস্তাবৰ বিৰোধিতা কৰে। তেওঁলোকে বোম্বাইক মহাৰাষ্ট্ৰৰ ৰাজধানী ঘোষণা কৰাৰ দাবী জনায়। ইয়াকে লৈ আন্দোলন আৰম্ভ হয়। ফ্লোৰা ফাউণ্টেনোত এটা প্ৰতিবাদ সমাবেশত পুলিচৰ গুলি চালনাত ১০৫ জনৰ মৃত্যু হয়। ইয়াৰ পাছত ১৯৬০ চনৰ ১ মেত ভাষাৰ ভিত্তিত বোম্বাই ৰাজ্যক দ্বি-বিভক্ত কৰা হয়। বোম্বাই ৰাজ্যৰ গুজৰাটী-ভাষী অঞ্চলসমূহক লৈ গঠিত হয় গুজৰাট ৰাজ্য। অৱশিষ্ট বোম্বাই ৰাজ্যৰ মাৰাঠী-ভাষী অঞ্চল, মধ্য প্ৰদেশ আৰু বেৰাৰ ৰাজ্যৰ আঠখন জিলা, হায়দৰাবাদ ৰাজ্যৰ পাঁচখন জিলা আৰু উভয় ৰাজ্যৰ মধ্যবৰ্তীৰ অসংখ্য সৰু সৰু দেশীয় ৰাজ্যক লৈ গঠিত হয় মহাৰাষ্ট্ৰ ৰাজ্য। বোম্বাইক এই ৰাজ্যৰ ৰাজধানী ঘোষনা কৰা হয়। সংযুক্ত মহাৰাষ্ট্ৰ আন্দোলনৰ স্মৰণত ফ্লোৰা ফাউণ্টেনৰ নামকৰণ কৰা হয় হুতাত্মা চক (ছহিদৰ চক); নিৰ্মিত হয় এটা ছহিদস্তম্ভও। পৰৱৰ্তী দশকত বোম্বাই চহৰৰ ব্যাপক উন্নতি সাধন হয়। ১৯৬০-ৰ দশকৰ শেষৰ ফালে সমুদ্ৰোত্থিত ভূভাগ নাৰীমন পইণ্ট আৰু কফ পেৰেডৰ বিকাশ ঘটোৱা হয়। ১৯৭৫ চনৰ ২৬ জানুৱাৰীত মহাৰাষ্ট্ৰ চৰকাৰে বোম্বাই মহানগৰীয় অঞ্চলৰ সুসংহত পৰিকল্পনা আৰু উন্নয়নৰ লক্ষ্যৰে বোম্বাই মেট্ৰোপলিটান ৰিজঅন ডেভেলপমেণ্ট অথৰিটি (বিএমআৰডিএ) নামৰ এটা সৰ্বোচ্চ ক্ষমতাসম্পন্ন সংস্থা প্ৰতিষ্ঠা কৰে। ১৯৭৯ চনৰ অগষ্ট মাহত চিটি অ্যাণ্ড ইণ্ডাষ্ট্ৰিয়াল ডেভেলপমেণ্ট কৰ্পোৰেছন (চিআইডিচিও) থানে আৰু ৰায়গডৰ সীমাত বোম্বাই চহৰৰ জনসংখ্যাৰ চাপ কমাবলৈ নিউ বোম্বাই নামৰ এক উপনগৰী স্থাপন কৰে। বোম্বাই হাৰবাৰৰ চাপ কমাবলৈ ১৯৮৯ চনৰ ২৬ মেত নব সেবাত জৱাহৰলাল নেহেৰু বন্দৰত কমিছন গঠন কৰা হয়। মুম্বাইৰ কেন্দ্ৰীয় বন্দৰ হিচাপে ব্যবহৃত এই বন্দৰে বৰ্তমান ভাৰতৰ কণ্টেনাৰাইজড কাৰ্গোৰ ৫৫-৬০ শতাংশ বহন কৰে। অতীতৰ বোম্বাই এখন শান্তিপূৰ্ণ চহৰ হলেও বিগত দুই বছৰত চহৰত সন্ত্ৰাসৰ ঘটনা বৃদ্ধি পাইছে। ১৯৯২-৯৩ চনত অযোধ্যাত বাবৰি মচজিদ ধ্বংস হোৱাৰ পাছত চহৰত হিন্দু-মুচলন্তৰ দাঙ্গা বৃদ্ধি পায়। এই দাঙ্গাত এক হাজাৰৰো বেছি লোক নিহত হয়। ১৯৯৩ চনৰ ১২ মাৰ্চত ইচলামী সন্ত্ৰাসবাদী আৰু বোম্বাই অন্ধকাৰ জগতৰ সংযোগস্থল চহৰৰ প্ৰধান প্ৰধান দৰ্শনীয় স্থানসমূহত ১৩টা পৰস্পৰ সম্পৰ্কযুক্ত বোমা বিস্ফোৰণৰ ঘটনা ঘটে। এই বিস্ফোৰণত ২৫৭ জনৰ মৃত্যু হয় আৰু ৭০০ জনৰো বেছি লোক আহত হয়। ২০০৬ চনত চহৰৰ যাত্ৰীবাহী ট্ৰেনসমূহত সাতোটা বোমাৰ বিস্ফোৰণ ঘটোৱা হয় য’ত ২০৯ জনৰ মৃত্যু হয় আৰু ৭০০ জনেৰো বেছি লোক আহত হয়। ২০০৮ চনত সশস্ত্ৰ উগ্ৰপন্থীসকলৰ দহটা পৰস্পৰ সংযুক্ত আক্ৰমণত ১৭৩ জনৰ মৃত্যু হয়, ৩০৮ জন আহত হয়, একাধিক ঐতিহাসিক স্থান আৰু গুৰুত্বপূৰ্ণ হোটেল ভীষণভাবে ক্ষতিগ্ৰস্থ হয়। বৰ্তমানে মুম্বাই ভাৰতৰ বাণিজ্যিক ৰাজধানী আৰু বিশ্ব অৰ্থনীতিৰ এক অন্যতম প্ৰধান কেন্দ্ৰ। | |
c379fbe56f981d2ca555d4a72d8c09ca4469400a39af9a1847312b274da509ba | ১৮৭৩ চনত ইয়াত এটা জলাধাৰ নিৰ্মিত হয়। এই জলাধাৰটো পূৰ্ব আৰু পশ্চিম যমুনা খাল নামেৰে দুটা গুৰুত্বপূৰ্ণ খালৰ উৎপত্তিস্থল। এই খালদুটাৰ মাধ্যমেৰে হাৰিয়ানা আৰু উত্তৰপ্ৰদেশ ৰাজ্যৰ জনসিঞ্চনৰ পানী সৰবৰাহ কৰা হয়। পশ্চিম যমুনা খাল যমুনা নগৰ, কাৰণাল আৰু পানিপথ পাৰ হৈ হায়দাৰপুৰ ট্ৰিটমেণ্ট প্ল্যাণ্টত উপস্থিত হৈছে। এই প্ল্যাণ্টটো দিলীৰ পৌৰ জল সৰবৰাহ ব্যবস্থাৰ এটি উৎস। ইয়াৰ পাছত ইয়াতে যমুনা নগৰ আৰু পানিপথ চহৰৰ বৰ্জিত পানী আহি মিশ্ৰিত হৈছে। অতঃপৰ শূন্য যমুনা নদী আকৌ পূৰ্ণ হৈছে বিভিন্ন ঋতুগত জলধাৰা আৰু ভৌমজলৰ উৎসৰ পৰা। শুষ্ক ঋতুত তাজেওৱালাৰ পৰা দিল্লী পৰ্যন্ত প্ৰবাহপথত যমুনাৰ অনেকাংশই শুকান হৈ থাকে। তাৰপাছত ২২৪ কিলোমিটাৰ পথ অতিক্ৰম কৰি যমুনা প্ৰবেশ কৰে পাল্লা জিলাত। যমুনা নদীয়ে উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ ৰাজ্যৰ প্ৰাকৃতিক সীমাও নিৰ্ধাৰণ কৰিছে। বিশ্বৰ বৃহত্তম পললসমৃদ্ধ উৰ্বৰ সমভূমি সিন্ধু-গাঙ্গেয় সমভূমি অঞ্চলত গঙ্গা নদীৰ লগত সমান্তৰালভাবে প্ৰবাহিত হৈ যমুনা নদীয়ে ৬৯,০০০ বৰ্গকিলোমিটাৰ আয়তন বিশিষ্ট গঙ্গা-যমুনা দোয়াব অঞ্চলৰ সৃষ্টি কৰিছে। এই অঞ্চল সমগ্ৰ সমভূমিৰ এক-তৃতীয়াংশ অঞ্চল ব্যাপী অবস্থান কৰিছে। বৰ্তমান এই অঞ্চল কৃষিক্ষেত্ৰত সমৃদ্ধিৰ বাবে সুপ্ৰসিদ্ধ। ইয়াৰ উৎপাদিত শস্যসমূহৰৰ মাজত বাচমতী চাউল বিশেষ উল্লেখযোগ্য। ভাৰতৰ কৃষকসকলৰৰ এক তৃতীয়াংশ এই সমভূমি অঞ্চলতেই বাস কৰে। দিল্লী, হাৰিয়ানা আৰু উত্তৰপ্ৰদেশৰ মাজেদি প্ৰবাহিত হৈ এলাহাবাদৰ পবিত্ৰ হিন্দু তীৰ্থ ত্ৰিবেণী সঙ্গমত ১,৩৭৬ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ পাছত গঙ্গা নদীৰ লগত মিলিত হৈছে যমুনা। ইয়াত নদীৰ মধ্যভাগত এক উচ্চ মঞ্চত অবস্থিত তীৰ্থক্ষেত্ৰত তীৰ্থযাত্ৰীসকলে নৌকাযোগে পূজা দিবলৈ যায়। প্ৰতি বাৰ বছৰৰ অন্তৰে সঙ্গমৰ ঘাটসমূহত কুম্ভমেলা আয়োজিত হয়। এই সময়ত পুণ্যাৰ্থীসকলে নদীত স্নান কৰে। | |
65730445e24cef32b8ccce9cd3358b6310c6ab699c52ebb502056a2754636b78 | ১৯০১ চনত ব্ৰহ্মচৰ্যাশ্ৰম প্ৰতিষ্ঠাৰ পিছত ৰবীন্দ্ৰনাথৰ কবিতাত আধ্যাত্মিক চিন্তাৰ প্ৰাধান্য পৰিলক্ষিত হয়। এই চিন্তা প্ৰকাশ পাইছে নৈবেদ্য (১৯০১), খেয়া (১৯০৬), গীতাঞ্জলি (১৯১০), গীতিমাল্য (১৯১৪) আৰু গীতালি (১৯১৪) কাব্যগ্ৰন্থত। ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধৰ সূচনা হোৱাত বলাকা (১৯১৬) গ্ৰন্থত ৰবীন্দ্ৰনাথৰ কবিতাত আধ্যাত্মিক চিন্তাৰ পৰিৱৰ্তে মৰ্ত্যৰ জীৱন সম্পৰ্কে আগ্ৰহ প্ৰকাশ পায়। পলাতকা (১৯১৮) গ্ৰন্থত গল্প-কবিতাৰ ৰূপত তেখেতে নাৰী জীৱনৰ সমসাময়িক সমস্যাবোৰ তুলি ধৰে। পূৰবী (১৯২৫) আৰু মহুৱা (১৯২৯) কাব্যগ্ৰন্থত ৰবীন্দ্ৰনাথ প্ৰেমক উপজীব্য কৰে। ইয়াৰ পিছত পুনশ্চ (১৯৩২), শেষ সপ্তক (১৯৩৫), পত্ৰপুট (১৯৩৬) আৰু শ্যামলী (১৯৩৬) শীৰ্ষক চাৰিখন গদ্যকাব্য প্ৰকাশিত হয়। জীৱনৰ শেষ দশকত কবিতাৰ আঙ্গিক আৰু বিষয়বস্তুক লৈ তেখেতে কেইটামান নতুন পৰীক্ষা-নিৰীক্ষা চলাইছিল। এই সময়ৰ ৰোগশয্যায় (১৯৪০), আৰোগ্য (১৯৪১), জন্মদিনে (১৯৪১) আৰু শেষ লেখা (১৯৪১, মৰণোত্তৰ ভাবে প্ৰকাশিত) গ্ৰন্থত মৃত্যু আৰু মৰ্ত্যপ্ৰীতিক এটা নতুন আঙ্গিকত প্ৰকাশ কৰিছিল। কবিজনাৰ শেষ কবিতা "তোমাৰ সৃষ্টিৰ পথ" মৃত্যুৰ আঠ দিন আগত মৌখিকভাবে ৰচনা কৰিছিল। ৰবীন্দ্ৰনাথৰ কবিতাত মধ্যযুগীয় বৈষ্ণব পদাৱলী, উপনিষদ, কবীৰৰ দোহাৱলী, লালনৰ বাউল গীত আৰু ৰামপ্ৰসাদ সেনৰ শাক্ত পদাৱলীৰ প্ৰভাৱ পৰিলক্ষিত হয়। তথাপি প্ৰাচীন সাহিত্যেৰ দুৰূহতাৰ পৰিবৰ্তে তেখেতে এক সহজ আৰু সৰস কাব্যৰচনাৰ আঙ্গিক গ্ৰহণ কৰিছিল। আকৌ ১৯৩০-ৰ দশকত কিছু পৰীক্ষামূলক ৰচনাৰ মাধ্যমেদি বঙালী সাহিত্যত আধুনিকতা আৰু বাস্তৱতাবোধৰ প্ৰাথমিক আবিৰ্ভাৱ প্ৰসঙ্গত তেখেতে নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। বহিৰ্বিশ্বত তেখেতৰ আটাইতকৈ সুপৰিচিত কাব্যগ্ৰন্থখন হ'ল গীতাঞ্জলি। এই গ্ৰন্থৰ বাবেই তেখেতেনোবেল বঁটা লাভ কৰিছিল। নোবেল ফাউণ্ডেচনে তেখেতৰ এই গ্ৰন্থখনক "গভীৰ সংবেদনশীল, উজ্জ্বল আৰু সুন্দৰ কাব্যগ্ৰন্থ" বুলি মন্তব্য কৰিছল। ৰবীন্দ্ৰনাথ ঠাকুৰ এজন উচ্চ পৰ্যায়ৰ সংগীতজ্ঞ আৰু চিত্ৰকৰ আছিল। তেখেতে লেখা ২,২৩০টা গান বঙালী সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ। ৰবীন্দ্ৰনাথৰ গান ৰবীন্দ্ৰ সংগীত হিচাপে পৰিচিত। ৰবীন্দ্ৰনাথৰ গানক আচলতে তেখেতৰ সাহিত্যৰাজিৰ পৰা পৃঠক কৰা কঠিন। সেইবোৰৰ বেচিভাগেই কবিতা, নাটক বা গল্প-উপন্যাসৰ অংশ। তেখেতৰ গানত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ঠুমৰীৰ বিশেষ প্ৰভাৱ দেখা যায়। মানৱ মনৰ সকলো অভিব্যক্তিয়ে তেখেতৰ গানত ধৰা দিছে। । ষাঠি বছৰ বয়সত ৰবীন্দ্ৰনাথে ৰং-তুলিকা হাতত তুলি লৈছিল আৰু সফতাৰে তেখেতে নানা চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছিল। | |
5cb6920a692ea1742cecae9dfba49a1b7c63b9b0b0322a967c79a99ddd294525 | ১৯০৪ চনত কাজিৰঙা অঞ্চলত গঁড় চাবলৈ আহিছিল তদানীন্তন ভাৰতবৰ্ষৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জন। এই যাত্ৰাত তেখেতে অকল গঁড়ৰ খুৰাৰ ছাপ দেখা পায়, এটাও গঁড় দেখিবলৈ নাপালে। তেখেতৰ লগত যোৱা 'পশু সন্ধানক' (animal tracker) 'বলোৰাম হাজৰিকা'ই (নিগনা চিকাৰী) গঁড় সংৰক্ষণৰ আৱশ্যকতা সম্পৰ্কে মেৰী কাৰ্জনৰ আগত দাঙি ধৰে। ইয়াৰ পাছতেই তেখেতে স্বামী ল'ৰ্ড কাৰ্জনক গঁড়ৰ সংৰক্ষণৰ বাবে ব্যৱস্থা কৰিবলৈ পতিয়ন নিয়ায়। লৰ্ড কাৰ্জনেই গঁড়ৰ সংৰক্ষণৰ বাবে আঁচনি প্ৰস্তুত কৰা কামৰ আৰম্ভণি কৰে। ১৯০৫ চনৰ ১ জুনত 'কাজিৰঙা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল'ৰ পট্টন কৰা হয়। সেই সময়ত ইয়াৰ মাটি-কালি আছিল ২৩২ বৰ্গ কি.মি.। পাছৰ তিনিটা বছৰত উদ্যানৰ পৰিসৰ আৰু ১৫২ বৰ্গ কি.মি. বঢ়াই ব্ৰহ্মপুত্ৰৰ পাৰলৈকে বিস্তাৰ কৰা হয়। [উদ্ধৃতিৰ প্ৰয়োজন]১৯৫০ চনত অৰণ্য সংৰক্ষক (forest conservationist), পি.ডি. ষ্ট্ৰেচীৰ উদ্যোগত 'কাজিৰঙা অভয়াৰণ্য' নাম সলনি কৰি 'কাজিৰঙা বন্যপ্ৰাণ অভয়াৰণ্য' (Kaziranga Wildlife Sancutuary) কৰা হয়। | |
7b33474baf6cf783d0b1d6e3dbb3d4e4a5f8389a8808a1a1eb989cb8c5ff4897 | ১৯০৫ চনত বেংগল বিভক্ত হোৱাৰ সময়ত সৰোজনীয়ে ভাৰতীয় জাতীয় আন্দোলনত যোগদান কৰে। সেই সময়ত তেখেত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, মহম্মদ আলী জিন্না, ৰবীন্দ্ৰনাথ ঠাকুৰ, গোপাল কৃষ্ণ গোখলে, এনি বেচাণ্ট ইত্যাদিৰ সংস্পৰ্শলৈ আহে। সেই সময়ৰ মহিলাক সজাগ কৰি পাকঘৰৰ বাহিৰলৈ ওলাই আহিবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে তেখেতে চহৰৰ পৰা চহৰলৈ, ৰাজ্যৰ পৰা ৰাজ্যলৈ কেৱল নাৰীৰ অধিকাৰৰ দাবীত ভ্ৰমণ কৰিছিল। ভাৰতীয় নাৰীৰ আত্মবিশ্বাসৰ ধাৰা সৰোজনী নাইডুৱে পুনৰ স্থাপন কৰিছিল। ১৯২৫ চনত কানপুৰৰ ভাৰতীয় কংগ্ৰেছৰ বছৰেকীয়া অধিৱেশনত সৰোজনী নাইডুৱে সভাপতিত্ব কৰিছিল। তেখেতে আইন অমান্য আন্দোলনত মুখ্য ভূমিকা গ্ৰহণ কৰে আৰু গান্ধীজী তথা অন্যান্য প্ৰতিনিধিসকলৰ সৈতে কাৰাগাৰৰ বন্দীত্ব গ্ৰহণ কৰে। ১৯৪২ চনত তেওঁ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি গান্ধীজীৰ সৈতে ২১মাহ কাৰাবাস খাটে। গান্ধীজীৰ সৈতে তেখেতৰ সুন্দৰ সম্পৰ্ক আছিল আৰু গান্ধীজীক ‘মিকি মাউচ’ বুলি সম্বোধন কৰিছিল। | |
33c39f1c9bd91e1c72cdaf3eab8baedd27f2cbac2a9692657d7e200c138e9cf8 | ১৯১৫ চনত মোহনদাস গান্ধী স্থায়ী ভাৱে ভাৰতলৈ উভতি আহে। এগৰাকী আন্তৰ্জাতিক পৰ্যায়ৰ ভাৰতীয় জাতীয়তাবাদী, সংগঠক আৰু সূত্ৰকাৰ (theorist) হিচাপে বিপুল সন্মানেৰে তেখেতক আদৰণি জনোৱা হয়। তেখেতে আহি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে আৰু ভাৰতৰ সমস্যাসমূহ আৰু প্ৰচলিত ৰাজনীতিৰ বিষয়ে জানিবলৈ পায়। সেইসময়ত কংগ্ৰেছ দলৰ নেতা গোপাল কৃষ্ণ গোখলে আদিয়ে নৰম পন্থাৰ সমৰ্থন কৰিছিল আৰু ব্যৱস্থাৰ ভিতৰত থাকিয়েই ভাৰতীয়সকলৰ সমস্যাৰ সমাধান আশা কৰিছিল। গান্ধীয়ে গোখলেৰ উদাৰনীতিৰ পোষকতা কৰে আৰু ইয়াৰ ভিত্তিতে নতুন আৰু সম্পূৰ্ণ ভাৰতীয় স্বৰূপৰ আন্দোলনৰ ভেঁটি গঢ়ি তোলে। ১৯২০ চনত গান্ধী কংগ্ৰেছ দলৰ নেতা নিৰ্বাচিত হয় আৰু ১৯৩০ চনলৈ বিভিন্ন দাবীৰে স্বাধীনতা আন্দোলন আগবঢ়াই নিয়ে। এই সময়ছোৱাত গান্ধীয়ে দাবী সমৰ্থনৰ লগতে কেতিয়াবা আপোচকামী আৰু কেতিয়াবা নীৰৱতাৰ পন্থাও মানি চলিছিল। ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বাধীনতাৰ দাবী তোলে। বিভিন্ন দাবীৰ সন্মতিৰে ভাৰতৰ কেবাখনো ৰাজ্যত ইতিমধ্যে কংগ্ৰেছে চৰকাৰ গঠনত ভাগ লৈছিল। ভাৰতীয় সকলৰ সন্মতি নোলোৱাকৈ ভাৰতৰ ভাইচৰয়ে জাৰ্মানীৰ লগত যুদ্ধ ঘোষণা (১৯৩৯) কৰাত গান্ধী আৰু অন্যান্য কংগ্ৰেছ নেতাই সমৰ্থন প্ৰত্যহাৰ কৰে। ১৯৪২ চনত গান্ধীয়ে স্বাধীনতাৰ দাবী তোলাৰ লগে লগে ৰাজনৈতিক প্ৰেক্ষাপটত সংকটৰ সূচনা হয় আৰু গান্ধী প্ৰমুখ্যে বহুতো নেতাক কাৰাবাস দিয়া হয়। আনহাতে মুছলিম লীগে ইংৰাজ চৰকাৰক সহযোগিতাৰ আশ্বাস দিয়ে আৰু বিনিময়ত পৃথক মুছলিম ৰাষ্ট্ৰৰ দাবী জনায়। মহাত্মা গান্ধীয়ে এই দাবীৰ তুমূল বিৰোধিতা কৰিছিল। অৱশেষত ১৯৪৭ চনৰ আগষ্ট মাহত ভাৰতৰ ভূ-খণ্ডক দ্বিখণ্ডিত কৰি ভাৰত আৰু পাকিস্তান নামেৰে দুখন পৃথক স্বাধীন ৰাষ্ট্ৰৰ গঠন হয়। দ্বিখণ্ডিত এই ব্যৱস্থাৰ প্ৰতি গান্ধীৰ সন্মতি নাছিল। প্ৰথম বিশ্বযুদ্ধৰ দ্বিতীয় ভাগত ভাৰতৰ ভাইচৰয় ফ্ৰেডেৰিক থেছীগাৰে দিল্লীত অনুষ্ঠিত যুদ্ধৰ এক বৈঠকলৈ গান্ধীক নিমন্ত্ৰণ কৰে যুদ্ধৰ প্ৰতি গান্ধীৰ সমৰ্থন আদায় আৰু ভাৰতৰ স্বাধীনতা সম্বন্ধে আলোচনা কৰিবলৈ। এই যুদ্ধত গান্ধীয়ে ভাৰতীয় সকলক নিয়োজন কৰাত সন্মতি আগবঢ়ায়। গান্ধীয়ে ১৯০৬ চনত জুলু সকলৰ লগত যুদ্ধ আৰু প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভণিতে (১৯১৪) যুদ্ধত সৈনিকৰ পৰিৱৰ্তে সেৱা বিভাগত যোগ দিয়াৰহে পোষকতা কৰিছিল। | |
5d214ea3a1181ea911d615f0ec633d17e9629e03346eb1ca9d57216b9f1b8940 | ১৯১৭ চনত মহাত্মা গান্ধীয়ে চাম্পাৰণত মেজিষ্ট্ৰেটৰ হুকুম অমান্য কৰি তেওঁৰ কাম সমাধা কৰিবলৈ ওলোৱাৰ কথা শুনাৰে পৰা ছৰ্দাৰ বল্লভভাই মহাত্মা গান্ধীৰ প্ৰতি আকৰ্ষিত হয় আৰু তেতিয়াৰে পৰাই তেওঁ সংগ্ৰামত সোমাই পৰি গুজৰাটৰ সভাত যোগদান দিয়ে। গুজৰাট সভাই বেগাৰি প্ৰথাৰ বিৰুদ্ধে এই আন্দোলনৰ কাৰ্যসূচী হাতত লয়। এই আন্দোলনৰ ফলত বেগাৰি খটা মানুহৰ দুখ-দুৰ্গতি বহুখিনি কমাবলৈ সক্ষম হয়। সেইসময়তে আহমদাবাদত প্লেগ মহামাৰিয়ে দেখা দিয়াত চৰ্দাৰ বল্লভভাই পেটেলে এই ৰোগী সকলৰ ওচৰলৈ গৈ তেওঁলোকৰ সেৱাত ব্ৰতী হৈছিল। পেটেলে দৰিদ্ৰ জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা এনে সেৱাৰ মনোভাৱৰ বাবে মহাত্মা গান্ধীয়ে তেওঁৰ ভূয়সী প্ৰশংসা কৰে। ১৯১৭ চনত ছৰ্দাৰ বল্লভভাই পেটেল আহমদাবাদ মিউনিচিপালিটীৰ সদস্য হৈ মিউনিচিপালিটীৰ স্বায়ত্ত্ব শাসনৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ যুঁজ দিয়াৰ উপৰিও চহৰখন নিকা কৰিবলৈ আৰু নাগৰিক সকলৰ কৰ্তব্যনিষ্ঠাৰ প্ৰতি সজাগ হ'বলৈ আহ্বান জনাইছিল। ১৯১৮ চনত পশ্চিমীয়া সাজ-পোচাক দলিয়াই পেলাইছিল আৰু তাৰ পৰিবৰ্তে তেওঁ ধূতি-কুৰ্তা পৰিধান কৰিছিল। ১৯১৯ চনত ব্ৰিটিছ চৰকাৰে ভাৰতবাসীক দমন কৰিবলৈ ৰাওলাট এক্ট জাপি দিয়ে। ব্ৰিটিছৰ এই কুখ্যাত আইনৰ বিৰুদ্ধে দেশত প্ৰতিবাদ দিৱস পালন কৰা হয়। মহাত্মা গান্ধীয়ে ইংৰাজৰ গৱৰ্ণৰ লৰ্ড মণ্টেণ্ড চেমচ্ ফোৰ্ডক ৰাওলাট আইনত সন্মতি প্ৰদান নকৰিবলৈ অনুৰোধ জনায়। ইংৰাজ বাহিনীয়ে শান্তিপূৰ্ণ আন্দোলনকাৰীসকলৰ ওপৰত অমানৱীয় দমননীতি চলায়। তাৰ লগে লগেই কুখ্যাত ৰাওলাট আইনৰ প্ৰতিবাদৰ জোৱাৰ উঠে পঞ্জাব প্ৰদেশত। পঞ্জাবৰ এই আন্দোলন দমন কৰিবলৈ চৰকাৰে সামৰিক আইন জাৰি কৰে। ১৯১৯ চনৰ ১৩ এপ্ৰিলত ৰাওলাট আইনৰ প্ৰতিবাদত পঞ্জাবৰ জালিয়ানৱালাবাগ নামৰ ঠাইত শান্তিপূৰ্ণ জনসমাবেশৰ আয়োজন কৰিছিল আৰু ব্ৰিটিছ সেনাপতি ডায়াৰে স-সৈন্যে আন্দোলনকাৰী সকলক আগুৰি ধৰি অপ্ৰৰোচিতভাবে গুলি চলাবলৈ আৰম্ভ কৰে। এই গুলি চালনাত ১২০০ জন নিহত হয় আৰু ৩৬০০ জন আহত হয়। ১৯১৯ চনত ৰাওলাট আইনৰ বিৰুদ্ধে আহমদাবাদত বাহিৰ কৰা সমদলৰ নেতৃত্ব দিছিল ছৰ্দাৰ বল্লভভাই পেটেলে। ১৯২০ চনত কলকাতত জাতীয় কংগ্ৰেছৰ এখন অধিবেশন অনুষ্ঠিত কৰা হয় আৰু এই অধিবেশনতে অসহযোগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। মহাত্মা গান্ধীৰ নেতৃত্বত চলা এই আন্দোলনত স্বদেশী বস্তু গ্ৰহণ, বিদেশী বস্তু ত্যাগৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। গান্ধীয়ে চৰকাৰে প্ৰদান কৰা কেশৰী হিন্দ উপাধি ত্যাগ কৰে। | |
38540d77f17f954fb3a29b745b1a889a98c9109a84b96f2d460688727ce22e1a | ১৯২০ চনত শেষলৈ তেওঁ তিনিহাজাৰ টকা উপাৰ্জন কৰা ওকালতি ব্যৱসায় বাদ দি তেওঁ স্বাধীনতা আন্দোলনত যোগদান কৰিবলৈ ওলাই আহিছিল। তেওঁ স্বাধীনতা সংগ্ৰামৰ ১৯২১ চনৰ অসহযোগ আন্দোলন, ১৯৩২ চনৰ আইন অমান্য আন্দোলন আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰাৰ কাৰণে কেইবাবাৰো কাৰাবৰণো খাটিছিল। তেওঁ ভাৰতীয় কংগ্ৰছৰ সাধাৰণ সম্পাদক পদত নিযুক্ত হোৱাৰ উপৰিও কাৰ্যকৰী কমিটীৰ সদস্য মনোনীত হৈছিল, তদুপৰি কিছুদিন বিহাৰ প্ৰাদেশিক কংগ্ৰছ কমিটীৰো সভাপতি আছিল। ১৯৩২,১৯৩৫, ১৯৩৮, আৰু ১৯৪৭ চনত অনুষ্ঠিত হোৱা বাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ তেওঁ সভাপতি নিৰ্বাচিত হৈছিল। ১৯১৪ চনত বিহাৰৰ বান-পীড়িত ৰাইজ আৰু ১৯৩৪ চনত প্ৰলয়ংকাৰী ভূমিকম্পই বিহাৰৰ ৰাইজৰ ক্ষতিসাধন কৰা সময়ত তেওঁ ৰুগীয়া শৰীৰেৰে ৰাইজৰ মাজত উপস্থিত হৈ ধান, চাউল, আটা আদিৰ উপৰিও টকা-পইচা সংগ্ৰহ কৰি মানুহৰ ঘৰে ঘৰে গৈ নিজে সেইবোৰ বিতৰণ কৰি ঘূৰি ফুৰিছিল। ৰাজেন্দ্ৰ প্ৰসাদৰ জীৱনৰ শান্তিৰ আলয় আছিল সত্যৰ ভূমি সদাকত আশ্ৰম। ইয়াতেই তেওঁ কেন্দ্ৰীয় চৰকাৰৰ "খাদ্য মন্ত্ৰী" আৰু গণ-পৰিষদৰ সভাপতি হোৱাৰ আগৰ সময়ছোৱালৈ অতিবাহিত কৰিছিল। | |
58c95ef400e4ef4102af00fd299f1791f5628797eb256c910a41a60ab9571cd3 | ১৯২১ চনত মোহনদাস গান্ধী ভাৰতীয় কংগ্ৰেছ দলৰ কাৰ্যবাহী সম্পাদক নিযুক্ত হয় আৰু তেখেতৰ নেতৃত্বত কংগ্ৰেছৰ সংবিধান সলনি কৰি 'স্বৰাজ' দলৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। এক প্ৰতিকী মূল্যৰ বিনিময়ত দলৰ সদস্যপদ সকলোৰে বাবে মুক্ত কৰা হয়। লগতে দলৰ শৃঙ্খলা বজাই ৰখাৰ বাবে নতুন শাখা প্ৰৱৰ্তন কৰাৰ উপৰিও এই দলক এই বিশেষ শ্ৰেণীৰ লোকৰ সলনি সৰ্বসাধাৰণৰ দল হিচাপে গঠিত কৰাৰ প্ৰয়াস কৰা হয়। স্বদেশী আন্দোলনৰ বাবে গান্ধীয়ে অহিংস নীতিৰ পোষকতা কৰে আৰু বিদেশত নিৰ্মিত বস্তু বৰ্জনৰ সিদ্ধান্ত লোৱা হয়। বিদেশী বস্তু বৰ্জন কৰাৰ লগতে গান্ধীয়ে ব্ৰিটেইনত নিৰ্মিত কাপোৰৰ সলনি ঘৰুৱা ভাৱে নৰ্মিত 'খাদী' বা 'খদ্দৰ'ৰ প্ৰচলনৰ বাবে ওকালতি কৰে। ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে দিনটোৰ কিছু সময় যঁতৰত সূতা কাটি খাদী কাপোৰ তৈয়াৰ কৰি স্বাধীনতা আন্দোলনত ভাগ ল'বলৈ গান্ধীয়ে আহ্বান কৰিছিল। মোহনদাস গান্ধীয়ে কঢ়িয়াই লৈ ফুৰিব পৰা এটা সৰু যঁতৰ উদ্ভাৱন কৰিছিল। সকলোৰে মাজত শৃঙ্খলাবোধ জগাই তোলা, অতি উচ্চাকাংখাক নিয়ন্ত্ৰণ কৰা আৰু মহিলাসকলকো এই আন্দোলনৰ প্ৰতি উদ্বুদ্ধ কৰা ইয়াৰ ইয়াৰ মূল উদ্দেশ্য আছিল। বিদেশী বস্তু বৰ্জন কৰাৰ উপৰিও গান্ধীয়ে ইংৰাজ শিক্ষানুষ্ঠান, আদালত বৰ্জন কৰাৰ বাবেও আহ্বান কৰিছিল। চৰকাৰী চাকৰী ত্যাগ কৰাৰ লগতে ব্ৰিটিছে দিয়া সন্মান আদিও ঘূৰাই দিবলৈ গান্ধীয়ে কৈছিল। অসহযোগ আন্দোলনে জনসাধাৰণক আকৰ্ষণ কৰিছিল আৰু সফল হৈছিল। কিন্তু ১৯২২ চনত উত্তৰ প্ৰদেশৰ চৌৰী চোৰাত সংঘটিত এক হিংসাত্মক কাণ্ডৰ পাছত অসহযোগ আন্দোলন বন্ধ কৰি দিয়া হয়। গান্ধীয়ে বিশ্বাস কৰিছিল আন্দোলন লোৱা এই হিংসাত্মক মোৰে গান্ধীয়ে আৰম্ভ কৰা অহিংস কাৰ্যাৱলীক দুৰ্বল কৰি তুলিব। এনেদৰে গান্ধীয়ে তৃত্বীয় বাৰৰ বাবে হাতত লোৱা কাৰ্যসূচী বন্ধ কৰি দিছিল। এনেতে ১৯২২ চনৰ ১০ মাৰ্চ তাৰিখে ৰাজদ্ৰোহৰ অপৰাধত মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰা হয় আৰু ৬ বছৰৰ বাবে কাৰদণ্ড দিয়া হয়। ১৮ মাৰ্চ তাৰিখে তেখেতৰ কাৰাবাসৰ আৰম্ভ হৈছিল। কিন্তু ২ বছৰ পাছত ১৯২৪ চনত 'এপেণ্ডিচাইটিছ' অপাৰেছনৰ বাবে গান্ধীক কাৰাবাসৰপৰা ৰেহাই দিয়া হয়। মহাত্মা গান্ধী কাৰাগাৰত থকা সময়চোৱাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভেঁটি দুৰ্বল হ'বলৈ আৰম্ভ কৰে আৰু দুটা ভাগত বিভক্ত হৈ পৰে। চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৰ নেতৃত্বাধীন এটা অংশই বিধায়িনী দলত অংশ লোৱাৰ পোষকতা কৰিছিল, আনহাতে চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ নেতৃত্বাধীন আনটো গোটে ইয়াৰ বিৰোধিতা কৰিছিল। এই আচিলাতে কংগ্ৰেছ দল দুটা ভাগত বিভক্ত হৈ পৰে। আনহাতে অহিংস আন্দোলনৰ আৰম্ভণিতে গঢ়ি উঠা হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ মাজতো ফাঁত মেলিবলৈ আৰম্ভ কৰে। মহাত্মা গান্ধীয়ে এই বিভাজন ৰোধ কৰিবলৈ ১৯২৪ চনত তিনি সপ্তাহ জোৰা অনশন কৰে, কিন্তু তেওঁ সম্পূৰ্ণ সফল হোৱা নাছিল। ১৯২৪ চনতে গান্ধীয়ে বেলগাঁৱত হোৱা কংগ্ৰেছ মহাসভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। কিন্তু গান্ধীয়ে চৰ্ত আৰোপ কৰিছিল যে তেখেতৰ সভাপতিত্বত হোৱা মহাসভাত সকলো কংগ্ৰেছ পন্থীয়ে খাদী পৰিধান কৰিব লাগিব। মহাত্মা গান্ধীৰ দীৰ্ঘ ৰাজনৈতিক কালত এই এবাৰেই কংগ্ৰেছৰ সভাৰ সভাপতি হৈছিল। ১৯২০-ৰ দশকৰ বেছিভাগ সময়েই মোহনদাস গান্ধী সক্ৰিয় ৰাজনীতিৰপৰা আঁতৰত আছিল। লোকচক্ষুৰপৰা আঁতৰি তেখেতে স্বৰাজ পাৰ্টি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত থকা বিভেদ আঁতৰ কৰি একলগ কৰাৰ প্ৰয়াস কৰি আছিল। ইয়াৰ লগতে তেওঁ অস্পৃশ্যতা, মাদক দ্ৰব্যৰ নিবাৰণ, অজ্ঞানতা আৰু দাৰিদ্ৰ দূৰ কৰাৰ বাবে চেষ্টা কৰিছিল। ১৯২৮ চনত তেখেত আকৌ সন্মুখ পটলৈ আহে। ইয়াৰ আগৰ বৰ্ষটোত ব্ৰিটিছে ছাৰজন ছাইমনৰ নেতৃত্বত এখন সংবিধান সংশোধনী সমিতি গঠন কৰে। এই সমিতিত কোন ভাৰতীয়ক সদস্য লোৱা হোৱা নাছিল। | |
94b33942892d199e6de5c743e3d1494f3ba70c3acf43637bf12633eeb9966526 | ১৯২১ চনত ৰবীন্দ্ৰনাথে কৃষি অৰ্থনীতিবিদ লিওনাৰ্ড কে এল্মহাৰ্ষ্টৰ লগত মিলি শান্তিনিকেতনৰ সমীপত অৱস্থিত সুৰুল নামৰ গাঁৱত পল্লী পুনৰ্নিমাণ সংস্থা নামৰ এটা প্ৰতিষ্ঠান গঢ়ি তোলে। পিছত তেওঁ এই প্ৰতিষ্ঠানটোৰ নাম সলনি কৰি "শ্ৰীনিকেতন" ৰাখে। এই "শ্ৰীনিকেতন"ৰ মাধ্যমেৰে ৰবীন্দ্ৰনাথে মহাত্মা গান্ধী পৰিচালিত স্বাধীনতা আন্দোলনৰ এটি বিকল্প ব্যৱস্থা প্ৰতিষ্ঠাৰ চেষ্টা কৰিছিল। । এই প্ৰতিষ্ঠানত তেওঁ দেশ-বিদেশৰ বিভিন্ন পণ্ডিত আৰু বিদ্বান লোকৰ সহযোগত গাঁৱৰ লোকসকলক বিনামূলীয়া শিক্ষা দিয়াৰ প্ৰয়াস কৰিছিল। । ১৯৩০ৰ দশকত তেওঁ ভাৰতবৰ্ষৰ অস্বাভাৱিক বৰ্ণবিভেদৰ বিষয়ে মতামত প্ৰকাশ কৰা আৰম্ভ কৰে। তেওঁ এই বৰ্ণবিভেদৰ বিৰূদ্ধে বক্তৃতা, কবিতা, নাটক আদিৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। মূলতঃ দলিতসকলক সমাজত অবাধ প্ৰৱেশাধিকাৰ দিয়াটোৱেই আছিল তেওঁৰ উদ্দেশ্য। জীৱনৰ অন্তিম দশকতো ৰবীন্দ্ৰনাথৰ সৃজনশীলতা অটুট আছিল। তেখেতৰ জনপ্ৰিয়তাও আছিল তুঙ্গত। ১৯৩৪ চনৰ ১৫ জানুৱাৰীত ভাৰতৰ বিহাৰ ৰাজ্যত হোৱা প্ৰলয়ংকাৰী ভূমিকম্প সম্বন্ধে মহাত্মা গান্ধী-য়ে কৈছিল যে 'এয়া দলিতসকলক বশীভূত কৰিবলৈ ঈশ্বৰৰ এক প্ৰতিশোধ'। । ৰবীন্দ্ৰনাথে এই মন্তব্যৰ বাবে মহাত্মা গান্ধীক ৰাজহুৱা ভাৱে তিৰস্কাৰ কৰে। ঈয়াৰোপৰি বঙ্গৰ আৰ্থসামাজিক অৱস্থাৰ অৱনতি আৰু কলিকতাত দৰিদ্ৰতাৰ প্ৰাদুৰ্ভাৱৰ কাৰণে বিশেষ ভাৱে দুখ প্ৰকাশ কৰে। ১০০ শাৰীৰ এটা মিত্ৰাক্ষৰ বৰ্জিত কবিতাৰে তেখেতে নিজৰ বেদনাৰ বহিৰ্প্ৰকাশ কৰে। দ্বিমুখী চিন্তাধাৰাক উদ্বিত কৰাৰ এই কৌশল পৰৱৰ্তী কালৰ সত্যজিত ৰায় পৰিচালিত অপুৰ সংসাৰ নামৰ চলচ্চিত্ৰত অনুসৰণ কৰা হয়। । এই সময়ত ৰবীন্দ্ৰনাথৰ লেখাৰ এটা ১৫ খণ্ডৰ সংকলন প্ৰকাশ কৰা হয়। এই সংকলনৰ অন্তৰ্ভুক্ত আছিল "পুনশ্চ" (১৯৩২), "শেষ সপ্তক" (১৯৩৫) আৰু "পাত্ৰপুট" (১৯৩৬)। তেখেতে গদ্য-গান আৰু নৃত্যনাট্য ৰচনাৰ পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখে, আৰু ইয়াৰ মাজত আছেঃ "'চিত্ৰাঙ্গদা"" (১৯১৪), "শ্যামা" (১৯৩৯) আৰু "চণ্ডালিকা" (১৯৩৮)। এই কালছোৱাত ৰছিত উপন্যাসসমূহ হৈছে "দুই বোন" (১৯৩৩), "মালঞ্চ" (১৯৩৪) আৰু "চাৰ অধ্যায়" (১৯৩৪)। জীৱনৰ শেষ সময়ত তেখেতে বিজ্ঞান সংক্ৰান্তিয় বিষয়ৰ প্ৰতি আগ্ৰহান্বিত হয় আৰু তাৰ প্ৰমাণ পোৱা যায় "বিশ্ব পৰিচয়" (১৯৩৭) নামৰ এটি প্ৰবন্ধ সংকলনত। তেখেতে জীৱবিজ্ঞান, পদাৰ্থবিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান অধ্যয়ন কৰে আৰু তেখেতৰ সেই সময়ৰ কবিতা আৰু সাহিত্য-কৰ্মত বিজ্ঞানৰ প্ৰাকৃতিক নিয়মৰ প্ৰতি তেখেতৰ বোধগম্যতা ফুটি উঠে। এই সাহিত্যৰাজীত উচ্চমানৰ প্ৰকৃতিবাদ প্ৰস্ফুটিত হোৱা দেখা যায়। তেখেতৰ তিনিটা ভিন্ন গল্পত বৈজ্ঞানিক প্ৰক্ৰিয়াৰ ব্যাখ্যা দিয়া আছে, এই গল্পকেইটা হ'লঃ "সে" (১৯৩৭), "তিন সঙ্গী" (১৯৪০) আৰু "গল্পসল্প। " (১৯৪১)জীৱনৰ শেষ চাৰি বছৰ ৰবীন্দ্ৰনাথৰ শৰীৰৰ বিভিন্ন স্থানত বিষ হৈছিল। ১৯৩৭ চনৰ শেষৰ পিনে তেখেতে চেতনা হেৰুৱায় আৰু ইয়াৰ পিছত এক দীঘলীয়া সময়ৰ বাবে তেখেত ক'মাত থাকে। তিনি বছৰ পাছত ১৯৪০ চনত তেখেতে আকৌ গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে আৰু ইয়াৰ পাছত তেখেত পুনৰাই সুস্থ নহ'ল। এইসময়ত ৰচিত কবিতাবোৰ তেখেতৰ জীৱনৰ অন্যতম প্ৰধান ৰচনা হিচাপে খ্যাত হৈছে। কাৰণ এই কবিতাবোৰৰ মাজত তেখেতে মৃত্যুৰ দুৱাৰ-দলিত ভৰি দিয়াৰ আভাস প্ৰস্ফুটিত হৈছিল। | |
4987c9d0b7347e7ea7a6ae27133d79092b6853ba892b5cf0367c0dce4334327e | ১৯২৯ চনত মদাৰ টেৰেছা ভাৰতলৈ আহে আৰু কলিকতাত থাকিবলৈ লয়। কলিকতাৰ চেণ্টমেৰী হাইস্কুলত তেওঁ শিক্ষকতা জীৱন আৰম্ভ কৰে। ১৯২৯ চনৰ পৰা ১৯৪৮ চনলৈ তেওঁ শিক্ষকতা কৰে। তেওঁ শ্ৰেণীত ভূগোল আৰু বুৰঞ্জীৰ পাঠদান কৰিছিল। শেষলৈ সেই বিদ্যালয়ৰ অধ্যক্ষাৰ পদৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। সেইসময়ত কলিকতাৰ মানুহৰ মাজত এক ভীষণ হাহাকাৰ। চাৰিওফালে অভাৱ, দৰিদ্ৰ্য, মানুহক আগুৰি ধৰিছিল বেমাৰ-আজাৰে। কিন্তু তাৰ প্ৰতিকাৰৰ কোনো প্ৰচেষ্টা নাই। মাদাৰ টেৰেছাৰ এই শোকাৱহ দৃশ্যবোৰে অন্তৰত খলকনি তুলিলে। এদিনৰ এটা বিশেষ ঘটনাই তেওঁৰ অন্তৰত বাৰুকৈ দুখ দিলে। এখন হাস্পাতালৰ সন্মুখত এগৰাকী মৰো মৰো হোৱা তিৰোতা বাগৰি আছিল আৰু চেষ্টা কৰিও মাদাৰ টেৰেছাই চিকিৎসালয়ৰ চিকিত্সা দিবলৈ অসমৰ্থ হৈছিল। শেষত ৰোগীগৰাকীৰ তেনেকৈ মৃত্যু হল। সেইদিনাই তেওঁ উপলদ্ধি কৰিলে এটি মানৱ সেৱা সংস্থাৰ। তেওঁ তেওঁৰ ইচ্ছাৰ কথা পোপক জনালে। ১৯৫০ চনত মাদাৰ টেৰেছাই দ্য ছোচাইটি অফ দ্য মিছনেৰীজ অৱ চেৰিটি নামৰ এটা সংস্থা গঠন কৰিলে। তেওঁলোকে ঘৰ এটা ভাড়া লৈ কলিকতাৰ বাটে-ঘাটে পৰি থকা, হাস্পাতাল আদিয়ে স্থান নিদিয়া ৰোগীবোৰক মাদাৰ টেৰেছাই বিচাৰি আনিলে আৰু তাত ৰাখি চিকিত্সা সেৱা দিবলৈ ধৰিলে। ১৯৫২ চনত কালিঘাট মন্দিৰৰ কাষত থকা ধৰ্মশালা এটাও তেওঁ দখল কৰিলে আৰু তাৰ নাম দিলে নিৰ্মল হৃদয়। সেইটোও ৰোগীৰে উপচি পৰিল। মাদাৰ টেৰেছাৰ এই কামত অনেকে বিৰোধিতা কৰিলে। কালিঘাটৰ প্ৰধান পূজাৰীৰ পুত্ৰ এজনৰ কলেৰা হল। তাক কোনেও হাতেৰে চোৱা নাছিল। কিন্তু মাদাৰ টেৰেছাই তেওঁক হাতেৰে তুলি নি চিকিত্সা কৰা দেখি টেৰেছাৰ প্ৰতি সকলোৱে সহানুভূতিৰে চাবলৈ ললে। | |
aaf975c21be20b8f26066cec20addd1d33366182b9acbb8bbf0316dca21090b2 | ১৯৩১ চনৰ ১৫ অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমত জন্ম হয়। তেখেতৰ পিতৃ জয়নাল আবদিন এগৰাকী নাৱৰীয়া আৰু মাতৃ অসীমা এগৰাকী গৃহিনী আছিল। তেওঁলোকৰ আৰ্থিক অৱস্থা ভাল নাছিল আৰু সেয়ে তেখেতে কম বয়সৰ পৰাই পৰিয়াললৈ আৰ্থিক অৱদান আগবঢ়াবৰ বাবে কাম কৰা আৰম্ভ কৰে। ভিন্ন ভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ মাজত ডাঙৰ হ'লেও কালামে এক নিৰ্দিষ্ট ধৰ্মীয় নিয়মাৱলী পালন কৰি চলিছিল। স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত দেউতাকক আৰ্থিক সকাহ দিবলৈ তেওঁ বাতৰি কাকত বিক্ৰী কৰাৰ কাম লৈছিল। বিদ্যালয়ত তেওঁ মজলীয়া গ্ৰেড পাইছিল যদিও তেওঁ শিকিবলৈ অত্যন্ত ইচ্ছুক আৰু অনেক সময় পঢ়া-শুনাত, বিশেষকৈ অংকত, ব্যস্ত থকা ছাত্ৰ আছিল বুলি জনা যায়। ৰামেশ্বৰম বুনিয়াদী স্কুলত স্কুলীয়া শিক্ষা শেষ কৰাৰ পাছত কালামে ১৯৫৪ চনত তিৰুচিৰাপল্লীৰ চেইণ্ট জোচেফ'চ কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক উপাধি অৰ্জন কৰে। পাঠ্যক্ৰমৰ শেষৰ ফালে তেওঁ বিষয়টোত আগ্ৰহ হেৰুৱায় আৰু পাছত এই বিষয় পঢ়াৰ বাবে অনুতাপো কৰে। [উদ্ধৃতিৰ প্ৰয়োজন] পাছত তেওঁ মাদ্ৰাজলৈ গৈ মাদ্ৰাজ ইন্সটিটিউট অৱ টেকন'ল'জীৰ পৰা এৰ'স্পেচ ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। [উদ্ধৃতিৰ প্ৰয়োজন] ডক্টৰেট নকৰিলেও পৰৱৰ্তীকালত তেখেতে কেইবাটাও সন্মানসূচক ডক্টৰেট লাভ কৰে। [উদ্ধৃতিৰ প্ৰয়োজন]শ্ৰুতিকথা (Anecdote)কালামে এবাৰ এটা ছিনিয়'ৰ ক্লাচ প্ৰজেক্টত কাম কৰি আছিল। কিন্তু ডীন তেওঁৰ কামৰ অগ্ৰগতি লেহেমীয়া হোৱা দেখি অসন্তুষ্ট হৈ আৰু দুদিনৰ ভিতৰতে কাম সম্পূৰ্ণ কৰিবলৈ আদেশ দিলে আৰু নহ'লে তেওঁৰ জলপানি বন্ধ কৰি দিব বুলি ভাবুলি দিলে। | |
6f81d22fd45f42918de42922834de0351259a31e9b4b8544a8027d838cc58a6c | ১৯৩২ চন, এলাহাবাদ কংগ্ৰেছ কৰ্মীয়ে থিৰাং কৰিলে যে, চহৰৰ ব্লক টাৱাৰত তেওঁলোকে জাতীয় পতাকা উত্তোলন কৰিব। কিন্তু সেইসময়তে ক'ৰবাৰ পৰা অহা গৰুগাড়ী এখন ব্লক টাৱাৰৰ ফালে আগবাঢ়িল। গাড়ীখনৰ ভিতৰত মুখৰ পৰা ভৰিলৈ বোৰ্খা পৰিধান কৰা এগৰাকী সম্ভ্ৰান্ত মুছলমান মহিলা আছিল, মহিলা বাবে পুলিচে তেওঁক বাধা আৰোপ নকৰিলে। ব্লক টাৱাৰৰ ওপৰলৈ উঠি গৈ তেওঁ বোৰ্খা খুলিলে আৰু নিজৰ কাম হাচিল কৰি চিঞৰি উঠিল বন্দে মাতৰম বুলি। পুলিচে তেতিয়াহে লক্ষ্য কৰিলে বোৰ্খাৰ তলত যোৱা গৰাকী মহিলা নাছিল, লালবাহাদুৰহে আছিল। লগে লগে পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰিলে। এনেকৈ লালবাহাদুৰে এলাহাবাদ অঞ্চলত নিজৰ সংগঠন প্ৰতিভাৰে জনসাধাৰণৰ মাজত সোমাই পৰিল আৰু নিৰ্বাচিত হ’ল এলাহাবাদ পৌৰসভাৰ সদস্যৰূপে। | |
87994ede90d85b5a7910c204e5c2cac50b6ba95dd7caa46ff6def02af10bd98b | ১৯৪৬ চনৰ ছেপ্টেম্বৰ মাহ তেওঁ জৱাহৰলাল নেহেৰুৰ অন্তৰ্বৰ্তী কালিন চৰকাৰৰ খাদ্য আৰু কৃষি দপ্তৰৰ মন্ত্ৰী ৰূপে নিযুক্ত হৈয়েই কৰ্মজীৱনৰ পাতনি মেলিছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰীত তেওঁ সাৰ্বভৌম ভাৰত গনৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় আৰু যথাক্ৰমে ১৯৫২ আৰু ১৯৫৭ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছতো তেৱেঁ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল। ১৯৬২ চনৰ ১২ মে তাৰিখলৈ তেওঁ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত আছিল। তেওঁ ৰাষ্ট্ৰপতি পদত থকা কালচোৱাত ৰাষ্ট্ৰপতি হিচাপে ১০,০০০ হাজাৰ টকা বেতনৰ প্ৰথম তিনি বছৰৰ সম্পূৰ্ণ দৰমহা লৈ, পিছত ১৯৫৩ চনৰ পৰা পাঁচ হাজাৰকৈ আৰু ১৯৫৭ চনৰ পৰা আঢ়ৈ হাজাকৈ দৰমহা গ্ৰহণ কৰিছিল। ১৯১৭ চনত গান্ধীজীয়ে বিহাৰৰ নীল খেতিয়কসকলক চাহাবৰ অত্যাচাৰৰ পৰা উদ্ধাৰ কৰিবলৈ চলোৱা বিহাৰৰ চম্পাৰণ সত্যাগ্ৰহৰ সময়ৰ পৰা গান্ধীৰ লগত তেওঁৰ সমন্ধ গঢ়ি উঠে আৰু সত্যাগ্ৰহ আন্দোলনেই তেওঁৰ জীৱনলৈ বৈপ্লৱিক পৰিবৰ্তনো আনি দিয়ে। তেতিয়াই তেওঁ স্বদেশী ব্যৱহাৰ ধ্বনিলৈ সঁহাৰি দিছিল। ছাত্ৰ অৱস্থাতে তেওঁ ৰাজনৈতিক দল এটাৰ দ্বাৰা স্থাপিত ডন নাম সংঘ এটাৰ লগত জড়িত হৈছিল। ১৯০৫ চনত তেওঁ বংগ বিভাজন ৰদ কৰিবলৈ চলা আন্দোলনত অংশ লোৱাৰ উপৰিও তেওঁ বিহাৰৰ এখন ছাত্ৰ-সন্মিলন সংগঠন কৰিছিল। | |
4f1432edf94b1a77cf6fecb01dd4a2728093498e49d3a283b48302661df3d9d0 | ১৯৫০ চনত ভাৰতত সাধাৰণতন্ত্ৰ প্ৰতিষ্ঠিত হয়। তাৰ এবছৰ পাছতেই, অৰ্থাৎ ১৯৫১ চনত, ভাৰতীয় মানক ব্যুৰো (বিএচআই) প্ৰথম বাৰ জাতীয় পতাকা উৎপাদন সংক্ৰান্তত কিছু বিধি নিৰ্দেশ জাৰি কৰে। ১৯৬৪ চনত ভাৰতত মেট্ৰিক পদ্ধতি গ্ৰহণ কৰাত এই বিধিনিৰ্দেশত কিছু সংশোধনী অনা হয়। তাৰপাছত ১৯৬৮ চনৰ ১৭ আগষ্টত পুনৰায় বিধিসমূহ সংশোধিত কৰা হয়। আকাৰ, ডাই ৰং, ক্ৰোমাটিক মূল্য, উজ্জ্বলতা, ব্যৱহৃত সূতাৰ সংখ্যা আৰু উত্তোলনৰজ্জু সহ পতাকা উৎপাদনৰ সকলো আৱশ্যক বিষয়ৰ উল্লেখ এই বিধিনিৰ্দেশত পোৱা যায়। এই নিৰ্দেশনামা কঠোৰভাবে অনুসৃত হয়। পতাকা উৎপাদনত কোনো খুঁত ৰখা আইনত: অপৰাধ; আৰু তাৰ শাস্তি জেল, জৰিমনা অথবা দুয়োটাই হ’ব পাৰে। পতাকা উৎপাদনৰ বাবে একমাত্ৰ খাদী নামৰ হস্তচালিত তাঁতবস্ত্ৰই ব্যবহাৰ কৰা যায়। তুলা, ৰেচম আৰু উল বাদ দি অন্য কোনো খাদীৰ কেঁচামাল হিচাবে ব্যবহাৰ কৰা নাযায়। পতাকা উৎপাদনত দুই ধৰণৰ খাদী ব্যবহাৰ কৰা হয়; প্ৰথমটো হ’ল খাদী-বাণ্টিং, যিহেৰে পতাকাৰ মূল অংশটো প্ৰস্তুত কৰা হয় আৰু দ্বিতীয়টো হ’ল পাতল বাদামী ৰঙৰ খাদী-ডাক বস্ত্ৰখণ্ড, যিয়ে পতাকাক পতাকাদণ্ডৰ ৰছীৰ সৈতে ধৰি ৰাখে। খাদী-ডাক এক অপ্ৰচলিত বয়নপদ্ধতি। | |
4dabfc2076216d65bf103d145f0385eabe1e782f97b976421e0192a4bcf48661 | ১৯৫০ চনৰ ১৭ ছেপ্তেম্বৰত পূৰ্বৰ বম্বে ৰাজ্যৰ (বৰ্তমানৰ গুজৰাট) মেহচানা জিলাৰ ভদনগৰত অন্যান্য পিছপৰা জাতিৰ ঘাঞ্চী-তেলি সমাজৰ এটি পৰিয়ালত মোদীৰ জন্ম হয়। . পিতৃৰ নাম আছিল দামোদৰদাস মোলচন্দ মোদী আৰু মাতৃৰ নাম হীৰাবেন। চাৰিজন সন্তানৰ মাজত পিতৃ-মাতৃৰ তেওঁ তৃতীয়টো সন্তান আছিল। ভদনগৰ ৰেলৱে ষ্টেশ্যনত থকা দেউতাকৰ চাহৰ দোকানত মোদীয়ে সহায় কৰিছিল। কৈশোৰ কালত ভাতৃৰ সৈতে এটা বাছ আস্থানৰ ওচৰত এখন চাহৰ দোকান চলাইছিল। ১৯৬৭ চনত তেওঁ ভদনগৰৰ পৰাই স্কুলীয়া শিক্ষা সমাপ্ত কৰে। শিক্ষকৰ মতে মোদী এজন সাধাৰণ মানৰ আছিল, কিন্তু তেওঁ থিয়েটাৰৰ প্ৰতি বিশেষ ৰাপ আছিল। .আঠ বছৰ বয়সতেই নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক সংঘৰ পৰিচয় হয় আৰু তেওঁ স্থানীয় শাখাসমূহত যোগদান কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াতেই তেওঁ লক্ষ্মণৰাও ইনামদাৰৰ সান্নিধ্য লাভ কৰে। | |
44805ace39f00128d20380a0da44f7e08365636f89f4184f9c6d5cd067c55174 | ১৯৫৬ চনত অমৰ্ত্য সেন ইংলেণ্ডৰ পৰা ভাৰতলৈ উভতি আহে আৰু কৰ্ম জীৱনৰ পাতনি মেলে। তেওঁ কৰ্মজীৱনত অধ্যাপনা আৰু গৱেষণাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰে। তেওঁ পোনতে যাদৱপুৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিবলৈ লয়। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২৪ বছৰ। যাদৱপুৰৰ পিছত তেওঁ কলকাতা আৰু দিল্লীৰ স্কুলছ অব ইকনমিক্সত অধ্যাপনা কৰে। তেওঁ সুদীৰ্ঘ দিন ধৰি ইংলেণ্ড আৰু আমেৰিকাৰ বিভিন্ন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ লগতো জড়িত হৈ পৰে। এগৰাকী শিক্ষক হিচাপে তেওঁ ছাত্ৰ সমাজৰ মাজত বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। অৰ্থনীতিৰ দৰে এটি জটিল আৰু নীৰস বিষয়কো ছাত্ৰ সমাজৰ হৃদয় চুই যোৱাকৈ তেওঁ ব্যাখ্যা কৰিব পাৰিছিল। | |
ea0dc7f7157ba73f6f4c33fc6b230d4080c6633ee6280af04161edb034460877 | ১৯৫৭ চনৰ শেষৰ ফালে এই ৬১ কিঃ মিঃ দৈৰ্ঘ্যৰ পথচোৱাৰ কাম শেষ হয়। ১৮৫৪ চনৰ ২৮ জুনৰ দিনা পৰীক্ষামূলকভাবে ৰে'লৰ চলাচল কৰোৱা হয়। একে বছৰৰে ১৫ আগষ্টৰ পৰা নিয়মীয়াকৈ হাওৰা আৰু হুগলীৰ মাজত পুৱা-আবেলি যাত্ৰীবাহী ৰেলৰ সেৱা আৰম্ভ হয়। মাদ্ৰাজ ৰে'লৱে কোম্পানীয়ে ৱেয়াচাপান্দিৰ পৰা (Veyasarpandy) আৰু ৱালাজা ৰ'ড বা আৰকটলৈ (Walajah Road) ৬৩ কিঃমিঃ ৰেলপথ ১৮৫৬ চনৰ ১ জুলাইৰ দিনা মুকলি কৰে। আৰ আৰ ভাণ্ডাৰীয়ে তেওঁৰ 'চাউদাৰ্ণ ৰে'লৱে' নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে মাদ্ৰাজ প্ৰেচিডেঞ্চিত ১৮৩৬ চনতে ৩.৫ মাইল (৫.৬ কিঃমিঃ) দৈৰ্ঘ্যৰ এটা ৰে'লপথ বহুওৱা হৈছিল। এইটোৱে ভাৰতৰ সৰ্বপ্ৰথম ৰেলপথ। ৰেড হিলৰ পৰা চেইণ্ট থমাচ মাউণ্টৰ শিলৰ খনিলৈকৈ মাত্ৰ শিল কঢ়িওৱাৰ উদ্দেশ্যে এই পথটো নিৰ্মাণ কৰা হৈছিল। তদুপৰি মাদ্ৰাজ প্ৰেচিডেঞ্চিয়ে ১৮৩২ চনত সৰ্বপ্ৰথম ৰে'লপথ নিৰ্মাণৰ প্ৰস্তাৱ দাখিল কৰিছিল। ইয়াৰ পাছতহে বেংগল আৰু বোম্বে প্ৰেচিডেঞ্চিয়ে এনে প্ৰস্তাৱ আগবঢ়াইছিল। এলাহাবাদৰ পৰা কানপুৰলৈকে ১১৯ মাইল দৈৰ্ঘ্যৰ ৰেলপথ ১৮৫৯ চনৰ ৩ মাৰ্চত মুকলি কৰা হৈছিল। ই আছিল উত্তৰ ভাৰতৰ প্ৰথম ৰে'লপথ। ১৮৮৯ চনত বহুওৱা হৈছিল দিল্লী- আম্বালা- কালকা পথ। ১৮৭৪ চনৰ পৰা ১৯৭৯ চনৰ ভিতৰত নৰ্থ বেংগল ষ্টেট ৰে'লৱেই বৰ্তমান বাংলাদেশৰ হাৰ্ডিঞ্জ ব্ৰিজৰ পৰা চিলাহাটী হৈ উত্তৰ বংগৰ শিলিগুৰিলৈ এটা ২৫০ কিঃমিঃ দৈৰ্ঘ্যৰ ৰেলপথ নিৰ্মাণ কৰিছিল। | |
c49291f5425f2e106248a4991d556dd2887e6530100887237f65f3a6f2ff0bdb | ১৯৬০ চনত মাদ্ৰাজ ইন্সটিটিউট অৱ টেকন'ল'জীৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত কালামে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনৰ (ডি আৰ ডি অ') এৰ'নৌটিকেল ডেভেল'পমেণ্ট এষ্টাব্লিশ্বমেণ্টত মুখ্য বিজ্ঞানী হিচাবে যোগদান কৰে। কালামে ভাৰতীয় সেনাবাহিনীৰ বাবে এখন সৰু হেলিকপ্টাৰ ডিজাইনেৰে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰে যদিও ডিআৰডিঅ'ত নিজৰ চাকৰিৰ পছন্দ সম্পৰ্কে তেওঁ "সুখী নাছিল"। কালাম ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা কমিটি (Indian National Committee for Space Research)-ৰ সদস্য আছিল। ইয়াত তেওঁ বিখ্যাত ভাৰতীয় বৈজ্ঞানিক বিক্ৰম সাৰাভাইৰ তত্ত্বাবধানত কাম কৰিছিল। ১৯৬৯ চনত কালামৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)-লৈ বদলি হয় আৰু তেখেতে তাত ভাৰতৰ প্ৰথম থলুৱা প্ৰযুক্তিৰে নিৰ্মিত হ'বলগীয়া উপগ্ৰহ উৎক্ষেপণ যান (এছ এল ভি-৩) প্ৰকল্পৰ প্ৰকল্প নিৰ্দেশকৰ দ্বায়িত্বভাৰ লাভ কৰে। উল্লেখযোগ্য যে এই এছ এল ভি-৩ য়ে ১৯৮০ চনৰ জুলাই মাহত ভাৰতীয় কৃত্ৰিম উপগ্ৰহ ৰোহিণীক সফলতাৰে পৃথিৱীসমীপ কক্ষপথত প্ৰক্ষেপ কৰাত সফল হয়। ইছৰোত যোগদান কৰাটো কালামৰ জীৱনৰ সকলোতকৈ ডাঙৰ সফলতা বুলি ধৰিব পাৰি, তেখেতৰ নিজৰ ভাষ্যমতেই এছএলভি-৩ প্ৰকল্পত কাম কৰিবলৈ আৰম্ভ কৰাৰ পাছতহে নিজকে সঠিককৈ বিচাৰি পাইছিল। ১৯৬৫ চনত কালামে ডিআৰডিঅ'ত প্ৰথমবাৰৰ বাবে স্বাধীনভাৱে এক "বিস্তাৰসক্ষম ৰকেট প্ৰকল্প" (expandable rocket project)-ৰ কাম আৰম্ভ কৰে। ১৯৬৯ চনত কালামে আৰু বেছি অভিযন্তাৰ অংশগ্ৰহণেৰে উক্ত প্ৰকল্প বহলাই নিবলৈ ভাৰত চৰকাৰৰ সেউজ সংকেত লাভ কৰে। ১৯৬৩-৬৪ চনত কালামে আমেৰিকাৰ ভাৰ্জিনিয়া প্ৰদেশৰ হেম্পটনত থকা নাছাৰ লেংলে গৱেষণা কেন্দ্ৰ, মেৰিলেণ্ডৰ গ্ৰীণবেল্টত থকা (গদাৰ্দ স্পেচ ফ্লাইট কেন্দ্ৰ) আৰু ভাৰ্জিনিয়াৰে পূব উপকু্লস্থিত ৱাল’প ফ্লাইট ফেচিলিটী পৰিদৰ্শন কৰে। | |
37e76b28b7912e95239fc2e043eb2a535fb2d0cf338c33bc9dff4421cf15c595 | ১৯৬২ চনৰ ১৭ মাৰ্চ তাৰিখে ভাৰতৰ কৰ্নাল নামে ঠাইত কল্পনা চাওলাৰ জন্ম হৈছিল। কল্পনা চাওলাৰ আনুষ্ঠানিক জন্ম তাৰিখ ১৯৬১ চনৰ ১ জুন। মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যোগ্যতা অৰ্জন কৰিবলৈ তেওঁৰ জন্মৰ তাৰিখ সলনি কৰা হৈছিল। কল্পনা চাওলাৰ পিতৃ আৰু মাতৃৰ নাম আছিল ক্ৰমে বনাৰসী লাল চাওলা আৰু সংগীতা চাওলা। কল্পনা চাওলা আছিল তেওঁলোকৰ আটাইতকৈ সৰু সন্তান। কল্পনা চাওলাৰ সুনীতা আৰু দীপা নামে দুজনী ভনী আৰু সঞ্জয় নামে এজন ভাতৃ আছিল। উল্লেখযোগ্য যে জন্মৰ পাছতেই কল্পনা চাওলাৰ পিতৃ-মাতৃয়ে তেওঁৰ নাম “ম’ণ্টু” ৰাখিছিল, কিন্তু তিনি বছৰ বয়সত কল্পনা চাওলাই “কল্পনা” নামটো আনুষ্ঠানিক নাম হিচাপে বাছি লয়। | |
73a4a834f2234f7252fdad33ac8476e21c7a0209bd9a56e478be5784f0187852 | ১৯৬৫ চনত তেওঁক প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীয়ে প্ৰশাসনীয় সংস্কাৰ আয়োগৰ সভাপতি পাতে। ১৯৬৭ চনত তেওঁ হয় উপ-প্ৰধানমন্ত্ৰী। ১৯৬৯ চনত দ্বিবিভক্ত কংগ্ৰছ দলৰ সাংগঠনিক কংগ্ৰেছৰ সভাপতি হয় মোৰাৰজী আৰু শাসক কংগ্ৰেছৰ নেত্ৰী হল ইন্দিৰা গান্ধী আৰু দেশায়ে বিৰোধীৰ ভূমিকা পালন কৰি তেওঁ নিজৰ মতত অচল-অটল হৈ থাকিল। গুজৰাটত নিৰ্বাচন পাতিবলৈ হেঁচা দি ১৯৭৫ চনৰ এপ্ৰিলত তেওঁ অনশন আৰম্ভ কৰিছিল। অনশনৰ সপ্তম দিনত ইন্দিৰাই গুজৰাটত নিৰ্বাচন পাতিবলৈ সৈমান হৈছিল। প্ৰধানমন্ত্ৰী হিচাপে ১৯৭৯ চনৰ ১০ জুনত পূৱ ইউৰোপৰ কেইবাখনো ৰাষ্ট্ৰ ভ্ৰমণ কৰি সেই ৰাষ্ট্ৰবোৰৰ সৈতে ভাৰতৰ অৰ্থনৈতিক, বৈজ্ঞানিক আৰু কাৰিকৰী দিশত উভয়ৰ সহযোগিতাৰ চুক্তি স্বাক্ষৰিত কৰিছিল। তেওঁ প্ৰধানমন্ত্ৰী হৈ থাকোঁতে অসমলৈ আহোঁতে এটা ভয়ানক বিমান দুৰ্ঘটনাৰ কবলত পৰিছিল। তেওঁ অহা আকাশী যানখন ভূপতিত হৈছিল অসমৰ যোৰহাট জিলাত, কিন্তু দেশাইৰ কোনো অনিষ্ট হোৱা নাছিল। ১৯৭৯ চনৰ ১৫ জুলাইত ২৮ মহীয়া দেশাই চৰকাৰে অভ্যন্তৰীণ কন্দলৰ গৰাহত পৰি ৰাষ্ট্ৰপতি সঞ্জীৱ ৰেড্ডীৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিবলৈ বাধ্য হয়। মোৰাৰজী দেশাই কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোঁতেই তেওঁৰ ব্যৱসায়ী পুত্ৰ কান্তি দেশাইৰ ক্ষেত্ৰত এই কথা প্ৰচাৰ কৰিছিল যে তেওঁ পুত্ৰৰ ক্ষেত্ৰত যাতে কোনো কৰ্মচাৰীয়ে বিশেষ ধৰণৰ কোনো আগ্ৰহ নেদেখুৱাই। কান্তি দেশাইয়ে কোনো চৰকাৰী পাৰ্মিট বিচাৰিলে সেই কাগজ-পত্ৰ তেওঁৰ দৃষ্টিলৈ আহিব লাগিব। তেওঁ পুত্ৰকো এইবুলি সতৰ্ক কৰি দিছিল যে, যদি তেওঁ চৰকাৰৰ পৰা অন্যায়ভাবে কিবা সুযোগ আদায় কৰাৰ খৱৰ পায়, তেন্তে তেওঁ লগে লগে আত্মহত্যা কৰিব। | |
9305aa3034405152699bee329b5e11d1491a8c4ac41e7a7eeb90e05ed7f3b0b6 | ১৯৬৯ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সহায়ত কংগ্ৰেছ দলৰ পৰা ৰাজ্যসভাৰ সদস্যপদলৈ নিৰ্বাচিত হোৱাৰ লগে লগে তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হয়। ১৯৭৫-৭৭ চনত ভাৰতৰ জৰুৰীকালীন অৱস্থাৰ সময়ত কংগ্ৰেছৰ অন্যান্য নেতাৰ লগতে তেওঁৰ ওপৰতো ক্ষমতাৰ অতিমাত্ৰা অপব্যৱহাৰ কৰাৰ আৰোপ লগোৱা যায়। ১৯৮২-৮৪ চনত বিত্তমন্ত্ৰী পদেৰে তেওঁ প্ৰথমবাৰৰ বাবে মন্ত্ৰিত্ব পায়। ১৯৮০-৯৫ সময়চোৱাত তেওঁ ৰাজ্যসভাৰ নেতাও আছিল। ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰিত্বৰ কালত মুখাৰ্জীক পাৰ্শ্ববৰ্তী কৰি ৰখা হয়। | |
ba91574c001704ef76a56ccc37fe3964bcb0adf0b761bed135c377e16f123aca | ১৯৭১ চনত তেওঁ লণ্ডন স্কুল অব্ ইকনমিক্সত অধ্যাপনা কৰে। তাৰ পিছত ১৯৭৭চনৰ পৰা তিনি বছৰ ধৰি অক্সফ'ৰ্ডৰ নাফিল্ড কলেজত আৰু ১৯৮০ চনৰ পৰা ১৯৮৭ চনলৈ অক্সফ'ৰ্ডত অধ্যপনা কৰে। ১৯৮৭ চনৰ পৰা ১৯৯৮ চনলৈ হাৰ্ভাৰ্ডত তেওঁ অৰ্থনীতি কলেজত মাষ্টাৰ (আচাৰ্য্য) পদ লাভ কৰে। তদুপৰি আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত লেমণ্ট এমেৰিটাছ প্ৰফেছাৰ ৰূপেও কাৰ্য-নিৰ্বাহ কৰে। তেওঁ বিশ্ব বেংক উপদেষ্টা পৰিষদৰো এগৰাকী সদস্য আছিল। ১৯৪৩ চনত বংগত দুৰ্ভিক্ষত প্ৰায় ৩০ লাখ মানুহৰ মৃত্যু ঘটিছিল। ইয়াৰ পিছত ৭০ৰ দশকত বংগদেশত দেখা দিয়া দুৰ্ভিক্ষ আৰু পুষ্টিহীনতাৰ মূল কাৰণবোৰ অমৰ্ত্য সেনে নিজে গৈ ওচৰৰ পৰা অধ্যয়ন কৰিছিল। | |
da91d61ab2b79aa537cdd8be40f6d1852e1e69159925a2d094b8c12eb9f48c7c | ১৯৭৫ চনত ২৪ বছৰ বয়সত ৰাজনাথ সিং জন সংঘৰ জিলা অধ্যক্ষ হিচাপে নিযুক্ত হয়। ১৯৭৭ চনত তেওঁ মিৰ্জাপুৰ বিধানসভা সমষ্টিৰ পৰা উত্তৰ প্ৰদেশ বিধানসভালৈ নিৰ্বাচিত হয়। ১৯৮৪ চনত তেওঁ বিজেপিৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিৰ পদত অধিষ্ঠিত হয়। তাৰপিছত তেওঁ ইয়াৰ ১৯৮৬ চনত ৰাষ্ট্ৰীয় সাধাৰণ সচিব আৰু ১৯৮৮ ৰাষ্ট্ৰীয় অধ্যক্ষ পদ লাভ কৰে। তেওঁ উত্তৰ প্ৰদেশ বিধান পৰিষদৰো সদস্য নিৰ্বাচিত হৈছিল। ১৯৯১ চনত উত্তৰ প্ৰদেশৰ প্ৰথম বিজেপি চৰকাৰত তেওঁ শিক্ষা মন্ত্ৰীৰ পদ লাভ কৰিছিল। ১৯৯৪ চনৰ এপ্ৰিলত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। ৰাজ্যসভাত তেওঁ উদ্যোগ উপদেষ্টা কমিটি, কৃষি মন্ত্ৰালয়ৰ উপদেষ্টা কমিটি, বাণিজ্য উপদেষ্টা কমিটি, গৃহ কমিটি আৰু মানৱ সম্পদ উন্নয়ন কমিটিৰ সদস্য আছিল। ১৯৯৭ চনৰ ২৫ মাৰ্চ তাৰিখে তেওঁ উত্তৰ প্ৰদেশৰ ৰাজ্যিক বিজেপিৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল। ১৯৯৯ চনত তেওঁ অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভাত পথ পৰিবহণৰ কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰিছিল। ২০০০ চনত তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। তেওঁ ২০০১ আৰু ২০০২ হাইদৰগড় বিধানসভা সমষ্টিৰ পৰা দুবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ২০০৩ চনত তেওঁ অটল বিহাৰী বাজপেয়ীৰ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰত প্ৰথমে কৃষি মন্ত্ৰী আৰু পিছলৈ খাদ্য সংসাধন মন্ত্ৰীৰ পদৱী লাভ কৰিছিল। তেওঁৰ কাৰ্যকালত কিচান কল চেণ্টাৰ আৰু ফাৰ্ম ইনকাম বীমা আঁচনি আৰম্ভ কৰিছিল। তেওঁ কৃষিঋণৰ সূতৰ হাৰ কমাইছিল আৰু কৃষি পৰিষদ গঠনত আগভাগ লৈছিল। | |
a1bc1d08036f8fdc9a3504604873fb2877d2dcabba460d36a1441a3633588c9f | ১৯৭৬ চনত এটা খেলৰ বঁটা বিতৰণী অনুষ্ঠানত ও. এম. নাম্বিয়াৰ নামৰ এথলেটিকছ্ প্ৰশিক্ষকজনে প্ৰথমবাৰৰ বাবে উষাৰ খেলৰ ধৰণ প্ৰত্যক্ষ কৰিছিল। ২০০০ চনত Rediff.comৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত তেওঁ কৈছিল, "মোক প্ৰথম দৃষ্টিতে আকৰ্ষিত কৰা উষাৰ গুণকেইটা আছিল- তেওঁৰ শৰীৰৰ হেলনীয়া গঢ় আৰু তীব্ৰবেগে খোজকঢ়া স্বভাৱ। মই জানিছিলোঁ যে তেওঁ এগৰাকী খুব ভাল স্প্ৰিণ্টাৰ হ'ব পাৰিব। " সেইবছৰতে তেওঁ উষাক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰি দিলে। কম সময়ৰ ভিতৰতে তেওঁ ভাল প্ৰদৰ্শন দেখুৱাবলৈ আৰম্ভ কৰিলে। ১৯৭৮ চনত কলামত আয়োজিত জুনিয়ৰ পৰ্য্যায়ৰ আন্তঃৰাজ্যিক খেলত পাঁচটাকৈ পদক লাভ কৰিলে। একেটা বছৰতে কেৰালাত ৰাজ্যিক ভিত্তিত আয়োজিত মহাবিদ্যালয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত ১৪ টাকৈ পদক লাভ কৰে। ১৯৭৯ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু ১৯৮০ চনৰ আন্তঃৰাজ্যিক প্ৰতিযোগিতাত উষাও কেবাটাও পদক লাভ কৰে আৰু নতুন নতুন অভিলেখ গঢ়ে। ১৯৮০ চনৰ মস্কোত অনুষ্ঠিত অলিম্পিক ক্ৰীড়া সমাৰোহত উষাই ১৬ বছৰ বয়সতে অংশ লৈছিল। অৱশ্যে সেইবাৰ তেওঁ বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম নহয়। | |
b52cfe531d2e7e1fa107518fd9847bca2291b407b53bc298407dc56daacc3ec9 | ১৯৮৮ চনত কল্পনা চাওলাই কেলিফ'ৰ্ণিয়াত অৱস্থিত নাছাৰ এমিছ গৱেষণা কেন্দ্ৰত গৱেষক বিজ্ঞানী হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল। ১৯৯১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰাৰ পাছত তেওঁ নাছাৰ মহাকাশচাৰী সংগঠনলৈ আৱেদন দিয়ে। হাউষ্টনত অৱস্থিত জনছন মহাকাশ কেন্দ্ৰত বহুতো পৰীক্ষা-নিৰীক্ষা আৰু আনুষ্ঠানিক সাক্ষাৎকাৰৰ অন্তত ১৯৯৪ চনৰ ডিচেম্বৰ মাহত সংগঠনটোৱে তেওঁক নিৰ্বাচিত কৰে। ১৯৯৫ চনৰ মাৰ্চ মাহত এজন মহাকাশচাৰী প্ৰাৰ্থী হিচাপে তেওঁ নাছাৰ মহাকাশচাৰী সংগঠনত যোগদান কৰে। এবছৰীয়া প্ৰশিক্ষণ আৰু মূল্যাংকন সম্পূৰ্ণ কৰাৰ পাছত মহাকাশচাৰী কাৰ্যালয়ত ইভিএ/ৰ'ব'টিক্স আৰু কম্পিউটাৰ শাখাত কাৰিকৰী কাৰ্যসমূহ কৰিবলৈ কল্পনা চাওলাক কৰ্মচাৰীৰ প্ৰতিনিধিত্বকাৰী হিচাপে নিযুক্ত কৰা হৈছিল। ১৯৯৬ চনৰ নৱেম্বৰ মাহত এছ টি এছ-৮৭ (STS-10) -ৰ অভিযান বিশেষজ্ঞ আৰু মুখ্য ৰ'ব'টিক আৰ্ম অপাৰেটৰ হিচাপে কল্পনা চাওলাক নিযুক্তি দিয়া হয়। ১৯৯৮ চনৰ জানুৱাৰী মাহত শ্বাটল্ এণ্ড্ ষ্টেশ্ব’ন ফ্লাইট্ ক্ৰূ ইকুইপমেণ্টৰ প্ৰতিনিধিত্বকাৰী হিচাপে কল্পনা চাওলাক নিযুক্তি দিয়া হয়। ১৯৯৭ চনৰ এছ টি এছ-৮৭ (STS-87) আৰু ২০০৩ চনৰ এছ টি এছ-১০৭ (STS-107) অভিযানত কল্পনা চাওলা মহাকাশলৈ গৈছিল। কল্পনা চাওলাই মহাকাশত সৰ্বমুঠ ৩০/৩১ দিন ১৪ ঘণ্টা আৰু ৫৪ মিনিট সময় অতিবাহিত কৰিছে। ১৯৯৬ চনৰ নৱেম্বৰ মাহত এছ টি এছ-৮৭ (STS-87) -ৰ অভিযান বিশেষজ্ঞ আৰু মুখ্য ৰ'ব'টিক আৰ্ম অপাৰেটৰ হিচাপে কল্পনা চাওলা নিৰ্বাচিত হয়। উক্ত অভিযানত কল্পনা চাওলাই ৩৭২ ঘণ্টা আৰু ৩৪ মিনিট সময় মহাকাশত পৰিভ্ৰমণ কৰে। ২০০০ চনত এছ টি এছ-১০৭ (STS-107) অভিযানৰ মহাকাশচাৰী হিচাপে কল্পনা চাওলা তেওঁৰ দ্বিতীয় মহাকাশ অভিযানৰ বাবে নিৰ্বাচিত হয়। | |
5753777e1d8e8a2d87f633b7a06b5bc681a3350c5fadc219600d2f4d52a3b88e | ২০০১ চনৰ গণনা অনুসৰি, মুম্বাইৰ জনসংখ্যা ১১,৯১৪,৩৯৮। ২০০৮ চনৰ ওৱৰ্ল্ড গেজেটিয়াৰৰ প্ৰাককলন অনুসৰি এই চহৰৰ জনসংখ্যা ১৩,৬৬২,৮৮৫ আৰু মুম্বাই মহানগৰীয় এলেকাৰ জনসংখ্যা ২১,৩৪৭,৪১২। এই চহৰৰ জনঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ২২,০০০ জন। ২০০১ চনৰ গণনা অনুযায়ী, বৃহত্তৰ মুম্বাই অৰ্থাৎ বৃহন্মুম্বাই পৌৰসংস্থাৰ এক্তিয়াৰভুক্ত এলেকাত সাক্ষৰতাৰ হাৰ ৭৭.৪৫ শতাংশ যিটো ৰাষ্ট্ৰীয় গড় অৰ্থাৎ ৬৪.৮ শতাংশতকৈ বেছি। লিঙ্গানুপাত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে দ্বীপচহৰত ৭৭৪ গৰাকী, উপনগৰত ৮২৬ গৰাকী আৰু সামগ্ৰিকভাবে ৮১১ গৰাকী নাৰী। ৰাষ্ট্ৰীয় লিঙ্গানুপাত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৩৩ গৰাকী নাৰীৰ তুলনাত অৱশ্যে মুম্বাইৰ লিঙ্গানুপাতৰ পৰিসংখ্যা নিম্নমানৰ এই নিম্ন লিঙ্গানুপাতৰ কাৰণ এই যে, চহৰত অধিকসংখ্যক পুৰুষে কামৰ সন্ধানত আহি বসতি স্থাপন কৰিছে। ২০০৮ চনত মুম্বাই চহৰৰ অপৰাধৰ হাৰ ৫.৪ শতাংশ বৃদ্ধি পায়। সেই বছৰৰ হিচাব অনুযায়ী, দোষী সাব্যস্তকৰণৰ হাৰ সমগ্ৰ দেশৰ মাজত মুম্বাইতেই সবাতোকৈ কম। এই চহৰৰ সাধাৰণ অপৰাধবোৰ হ’ল হত্যা, হত্যাৰ চেষ্টা, অপৰাধমূলক গণহত্যা, পণপ্ৰথা জনিত কাৰণত মৃত্যু, অপহৰণ, ধৰ্ষণ, অগ্নিসংযোগ আৰু ডকাইতি। মুম্বাই চহৰৰ প্ৰধান ধৰ্মাবলম্বী গোষ্ঠীসমূহ হ’ল হিন্দু (৬৭.৩৯%), মুচলন্ত (১৮.৫৬%), বৌদ্ধ (৫.২২%), জৈন (৩.৯৯%), খ্ৰীষ্টান (৩.২২%) আৰু শিখ (০.৫৮%); পাৰচী আৰু ইহুদী জনসংখ্যাৰ অৱশিষ্টাংশ। মুম্বাইৰ ভাষাগত জনপৰিসংখ্যা নিম্নৰূপৰ: মহাৰাষ্ট্ৰীয় (৬০%), গুজৰাটী (১৯%), আৰু অৱশিষ্টাংশ ভাৰতৰ অন্যান্য অঞ্চলৰ পৰা অহা। মুম্বাইৰ সবাতোকৈ পুৰণা মুচলন্ত সম্প্ৰদায়সমূহ হ’ল দাউদি বোহৰা, খোজা আৰু কোঙ্কণি মুচলন্ত। স্থানীয় খ্ৰীষ্টানসকলৰ মাজত উল্লেখযোগ্য পূৰ্ব ভাৰতীয় কেথেলিকসকল; ষোড়শ শতাব্দীতে পৰ্তুগীসকলে এওঁলোকক ধৰ্মান্তৰিত কৰে। | |
ea9fbd13a14b5e16672b59ca8938f78ca2449eb0d027024614b77cb374f8f094 | ২০০২ চনৰ পূৰ্বাবধি ভাৰতৰ সাধাৰণ নাগৰিকসকল জাতীয় ছুটিৰ দিনবিলাকৰ বাহিৰে অন্য সময়ত জাতীয় পতাকা উত্তোলনৰ অধিকাৰী নাছিল। শিল্পপতি নবীন জিন্দালে পতাকাবিধি ভঙ্গ কৰি তেওঁৰ কাৰ্য্যালয় ভৱনৰ শীৰ্ষত জাতীয় পতাকা উত্তোলন কৰাত পতাকাখন বাজেয়াপ্ত কৰা হয় আৰু তেওঁক সতৰ্ক কৰি দিয়া হয় যে এই ধৰণৰ বিধি ভঙ্গ কৰিলে তেওঁৰ বিৰুদ্ধে আইনী ব্যবস্থা লোৱা হ’ব পাৰে। জিন্দালে দিল্লী উচ্চতম ন্যায়ালয় এখন জনস্বাৰ্থ মামলা দাখিল কৰে। তেওঁৰ বক্তব্য আছিল, পূৰ্ণ মৰ্যাদা আৰু যথাযথ ব্যবহাৰবিধি অনুসৰণ কৰি জাতীয় পতাকা উত্তোলন তেওঁৰ নাগৰিক অধিকাৰত পৰে; কাৰণ এই দেশৰ প্ৰতি তেওঁৰ ভালপোৱা ব্যক্ত কৰাৰ এইটো এটা উপায়। বিষয়টো দিল্লী উচ্চতম ন্যায়ালয়লৈ হস্তান্তৰিত হ’লত সৰ্বোচ্চ আদালতে ভাৰত চৰকাৰক এই বিষয়টো পৰ্যালোচনাৰ বাবে এখন কমিটি স্থাপনৰ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় কেবিনেটে জাতীয় পতাকাবিধি সংস্কাৰ কৰে আৰু ২০০২ চনৰ ২৬ জানুৱাৰীৰ পৰা সংশোধিত বিধি আৰম্ভ হয়। এই নতুন পতাকাবিধি অনুযায়ী মৰ্যাদা, গৌৰৱ আৰু সম্মান অক্ষুণ্ণ ৰাখি যি কোনো নাগৰিকে বছৰৰ যি কোনো দিনতেই জাতীয় পতাকা উত্তোলন কৰিব পাৰিব। অন্যহাতে ভাৰতীয় সংঘ বনাম যশোবন্ত শৰ্মা বিচাৰত পৰিষ্কাৰ জনাই দিয়া হয় যে, জাতীয় পতাকাবিধি বিধিবদ্ধ আইন নহলেও এই বিধিৰ বিধিনিষেধসমূহ জাতীয় পতাকাৰ গৌৰৱৰক্ষাৰ্থে অৱশ্যে পালনীয়। জাতীয় পতাকা উত্তোলনৰ অধিকাৰ পৰম অধিকাৰ নহয়; ই এক অৰ্জিত অধিকাৰ আৰু সংবিধানৰ ৫১ নং ধাৰা অনুযায়ী ইয়াক মান্য কৰা উচিত। ভাৰতীয় আইন অনুসৰি জাতীয় পতাকাৰ ব্যবহাৰ সৰ্বদা "মৰ্যাদা, আনুগত্য আৰু সম্মান" ("dignity, loyalty and respect") সহকাৰে হোৱা উচিত। "প্ৰতীক আৰু নাম (অপব্যৱহাৰ ৰোধ) আইন, ১৯৫০" ("The Emblems and Names (Prevention of Improper Use) Act, 1950") অনুসৰি জাৰি কৰা "ভাৰতীয় পতাকা বিধি – ২০০২" ("Flag Code of India – 2002") পতাকাৰ প্ৰদৰ্শনী আৰু ব্যৱহাৰ সংক্ৰান্ত যাবতীয় নিৰ্দেশিকা বহন কৰে। চাৰকাৰী বিধিত কোৱা হৈছে যে, জাতীয় পতাকাই কেতিয়াও মাটি বা পানীক স্পৰ্শ নকৰে; ইয়াক টেবুলক্লথ হিচাবে বা কোনো প্লেটফৰ্মৰ সম্মুখত আচ্ছাদন হিচাবে ব্যবহাৰ কৰিব নোৱাৰিব; জাতীয় পতাকাৰে কোনো মূৰ্তি, নামলিপি বা শিলান্যাস প্ৰস্তৰ আবৰিব নোৱাৰিব ইত্যাদি। ২০০৫ চন পৰ্যন্ত জাতীয় পতাকা বস্ত্ৰ, ইউনিফৰ্ম বা সাজপোছাক হিচাবে ব্যবহাৰ কৰা নগৈছিল। ২০০৫ চনৰ ৫ জুলাইত চৰকাৰে পতাকাবিধি সংশোধন কৰি বস্ত্ৰ বা ইউনিফৰ্ম হিচাবে ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰে। যদিও নিম্নাবৰণ বা অন্তৰ্বাস হিচাবে জাতীয় পতাকা ব্যবহাৰৰ ওপৰত নিষেধাজ্ঞা বাহাল থাকে। | |
a60806967503a23408bdbd802ee7081bb08f3996cfe68f1431ef53715dcb3473 | ২০০২ চনৰ পৰা চাৰিবাৰকৈ বিধান সভাৰ নিৰ্বাচনত মোদীয়ে মনোনয়ন পত্ৰ দাখিল কৰোঁতে বিবাহৰ অংশটো খালীকৈ ৰাখিছিল। ২০১৪ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত যশোদাবেন চিমনলাল নিজৰ বৈধ পত্নী মোদীয়ে স্বীকাৰ কৰে। ২০১৪ চনত প্ৰকাশিত Kishore Makwana's Common Man Narendra Modiৰ মতে মোদীয়ে ১৭ বছৰ বয়সত ঘৰ এৰি ৰাজকোটত থকা ৰামকৃষ্ণ মিশ্যন আৰু তাৰ পিছত কলকাতাৰ বেলুৰ মথলৈ যায়। ইয়াৰ পিছত তেওঁ গুৱাহাটীলৈ যায় আৰু স্বামী বিবেকানন্দই প্ৰতিষ্ঠা কৰা অলমোৰাত অৱস্থিত আন এখন আশ্ৰমলৈ যায়। দুবছৰৰ পিছত তেওঁ ঘৰলৈ ঘূৰি আহে। কিছুদিন বিশ্ৰাম কৰি তেওঁ আহমেদাবাদলৈ যায় আৰু তাত খুড়াকৰ এখন চাহৰ দোকানত সহায় কৰে। তাতেই তেওঁ লক্ষ্মণৰাও ইনামদৰক পুনৰ লগ পায়। ইয়াৰ পিছত তেওঁ গুজৰাট ৰাজ্যিক পথ পৰিবহণ নিগমৰ ষ্টাফ কেণ্টিনত কাম কৰে। | |
40c2a59d9395046dbde54948043573c05bfa3555e583759b29605288e779618c | ২০০৯ চনৰ ৫ মাৰ্চত ভাৰত চৰকাৰে টকাৰ প্ৰতীক অঙ্কনৰ এক প্ৰতিযোগিতাৰ কথা ঘোষণা কৰে। ২০১০ চনৰ কেন্দ্ৰীয় বাজেট প্ৰস্তুত কৰাৰ সময়ত বিত্তমন্ত্ৰী প্ৰণৱ মুখাৰ্জীয়ে উল্লেখ কৰে যে টাকৰ প্ৰস্তাৱিত প্ৰতীটো ভাৰতীয় সংস্কৃতিৰ প্ৰতিফলন ঘটিব। প্ৰতিযোগিতাৰ পৰা প্ৰাপ্ত প্ৰতীৰসমূহৰ পৰা পাঁচটি প্ৰতীকক বাছি উলিওৱা হয়। ২০১০ চনৰ ২৪ জুনত কেন্দ্ৰীয় কেবিনেটৰ এক বৈঠকত এই পাঁচটি প্ৰতীকৰ মাজৰ পৰা এটিক টকাৰ প্ৰতীক হিচাবে গ্ৰহণ কৰাৰ কথা আছিল। কিন্তু কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ এটি অনুৰোধ ৰক্ষা কৰিব লগা হোৱাৰ ফলত এই সিদ্ধান্ত গ্ৰহণৰ কিছু বিলম্ব হয়। | |
0ca770e1999e4dc945e8793a5f8a20a4b8c79076293f6d66dfdd4a4ba8fff474 | ২২ মে, ১৭৭২ চনত হুগলী জিলাৰ ৰাধানগৰ গাঁৱত ৰামমোহন ৰায়ে এক সম্ভ্ৰান্ত কুলীন (বন্দোপাধ্যায়) ব্ৰাহ্মণবংশত জন্মগ্ৰহণ কৰে। তেওঁৰ বংশত অদ্ভুত বৈপৰীত্য লক্ষ্য কৰা যায়। প্ৰপিতামহ কৃষ্ণকান্ত ফাৰুখশিয়াৰে আমোলা বাংলাৰ সুবেদাৰৰ আমিনৰ কাৰ্য্য কৰিছিল। সেই সূত্ৰেই বোধ কৰোঁ এওঁলোকে 'ৰায়' পদবী ব্যবহাৰ। কৃষ্ণকান্তৰ কনিষ্ঠ পুত্ৰ ব্ৰজবিনোদ ৰামমোহনৰ পিতামহ। পিতা ৰামকান্ত। ৰামকান্তই তিনিবাৰ বিবাহ কৰিছিল। মধ্যমা পত্নী তাৰিণীৰ এগৰাকী কন্যা আৰু দুজন পুত্ৰ-জগমোহন ও ৰামমোহন। এওঁলোকৰ বংশ আছিল বৈষ্ণৱ, কিন্তু ৰামমোহনৰ মাতা আছিল ঘোৰ তান্ত্ৰিক ঘৰৰ কন্যা। ৰামকান্ত পৈতৃক এজমালি ভদ্ৰাসন এৰি পাৰ্শ্ববৰ্তী লাঙ্গুলপাড়া গাঁৱলৈ সপৰিয়ালে উঠি যায়। তেখেতৰ পিতৃ ৰামকান্ত ৰায় আছিল বৈষ্ণবী আৰু মাতৃ তাৰিণী দেবী আছিল শাক্ত। পোন্ধৰ-ষোল্ল বছৰ বয়সত তেওঁ গৃহত্যাগ কৰি নানাস্থানত ঘূৰি ফুৰে। কাশী আৰু পাটনাত কিছুকাল আছিল আৰু নেপাললৈকো গৈছিল। ইয়াৰ আগেয়ে তেওঁৰ লগত তন্ত্ৰশাস্ত্ৰৰ সুপণ্ডিত নন্দকুমাৰ বিদ্যালঙ্কাৰৰ (পাছত হৰিহৰানন্দ তীৰ্থস্বামী কুলাবধূত নামে পৰিচিত) যোগাযোগ হয়। ৰামমোহনৰ সংস্কৃতত বুৎপত্তি আছিল, তেওঁৰ বেদ-বেদান্তৰ অনুৰাগ নন্দকুমাৰৰ সহযোগিতাত হৈছিল। | |
1f6868281b2d30d20145da103f0c929ce3b32ea3bf3b7f41e839a8476eaf2acf | ২৬০০ খ্ৰী:পূ:লৈ প্ৰাৰম্ভিক হৰপ্পা সমাজবোৰ একোখন বৃহৎ নগৰ কেন্দ্ৰলৈ পৰিণত হয়। এইসমূহৰ ভিতৰত আছে আধুনিক পাকিস্তানৰ হৰপ্পা, গনেৰিৱালা আৰু মহেঞ্জোদাৰো আৰু আধুনিক ভাৰতৰ ঢোলাভিৰা, কলিবঙ্গন, ৰাখীগাঢ়ী, ৰূপাৰ আৰু ল’থাল। এতিয়ালৈকে ১,০৫২খন নগৰ আৰু প্ৰতিষ্ঠাপন উদ্ধাৰ কৰা হৈছে। হৰপ্পা, মহেঞ্জোদাৰো আৰু ৰাখীগাঢ়ীৰ নগৰ পৰিকল্পনাত পৃথিৱীৰ আদিমতম নগৰ নিষ্কাষণ ব্যৱস্থা দেখা পোৱা যায়। নাগৰিকসকলে নগৰৰ নাদসমূহৰ পৰা পানী সংগ্ৰহ কৰিছিল। গা-ধোৱা ঘৰৰ বৰ্জিত পানী মূল পথৰ কাষেদি যোৱা ঢাকনিযুক্ত নলাৰে পৰিবাহিত কৰি নিয়াৰ ব্যৱস্থা আছিল। বাসগৃহসমূহ ভিতৰুৱা চোতাল আৰু উপপথসমূহৰ সৈতে সংযুক্ত আছিল। এতিয়াও কোনো কোনো গাঁৱত এনে পদ্ধতিৰ ঘৰ সজা দেখা যায়। ইয়াৰে প্ৰত্যেকটো ঘৰতে পানী যোগান আৰু নলাৰ সুবিধা আছিল। ই সিন্ধু সভ্যতাৰ নিম্ন ধনকেন্দ্ৰিক আৰু সামাজিক সমতাৰ কথাকে সূচায়। হৰপ্পাৰ বন্দৰ, শস্যৰ ভঁৰাল, পণ্যাগাৰ, ইটাৰে সজা মঞ্চ আৰু দেৱালসমূহৰ পৰাই হৰপ্পাৰ লোকসকলৰ উন্নত কাৰিকৰী দিশটোৰ উমান পোৱা যায়। নগৰসমূহৰ বৃহদাকাৰ দেৱালসমূহে সম্ভৱতঃ বান আৰু শত্ৰুৰ আক্ৰমণৰ পৰা নগৰখন ৰক্ষা কৰিছিল। দুৰ্গসমূহ নিৰ্মাণৰ উদ্দেশ্য সম্বন্ধে ঐকমতত উপনীত হোৱা নাই। সমসাময়িক মেচ’পটেমিয়া আৰু প্ৰাচীন ইজিপ্টৰ সভ্যতাৰ বিপৰীতে নগৰসমূহত কোনো বৃহৎ কীৰ্ত্তিচিহ্ন সজা হোৱা নাছিল। প্ৰাসাদ, মঠ-মন্দিৰ, ৰজআ, সৈন্যবাহিনী বা পুৰোহিতৰো কোনো পতিয়নযোগ্য প্ৰমাণ পোৱা হোৱা নাই। মহেঞ্জোদাৰোত এক বৃহৎ স্নানাগাৰ আৱিষ্কৃত হৈছে যাক প্ৰথমে শস্যভাণ্ডাৰ বুলি ধাৰণা কৰা হৈছিল। নগৰবাসীসকলৰ বেছিভাগেই বণিক অথবা কুটীৰ শিল্পী আছিল। দূৰৰ ঠাইসমূহৰ পৰা অনা কেঁচামালেৰে ছীল মোহৰ, মণি আৰু অন্যান্য সামগ্ৰী সজা হৈছিল। ভাস্কৰ্যসমূহৰ ভিতৰত মণি, জন্তু, মানুহ (হয়তো দেৱ-দেৱী) আদিৰ প্ৰতিকৃতি আৰু আখৰ (পাঠোদ্ধাৰ হোৱা নাই) খোদিত কৰা ছীল মোহৰ আদি উল্লেখনীয়। পুৰাতত্ত্ব বিভাগৰ তথ্যৰ পৰা হৰপ্পান সমাজৰ ক্ষমতাৰ কেন্দ্ৰ নাইবা ক্ষমতাত অধিষ্ঠিত লোকৰ বিষয়ে কোনো তাৎক্ষণিক উত্তৰ পোৱা নাযায়। সেয়ে হ’লেও কিছুমান জটিল সিদ্ধান্ত লোৱাৰ আৰু ইয়াক কাৰ্যক্ষেত্ৰত পৰিণত কৰাৰ উদাহৰণ পোৱা যায়, যেনে মৃৎশিল্প, ছীল মোহৰ, ওজন আৰু ইটাৰ সমতুল ব্যৱস্থা। এই বিষয়ে কৰা ধাৰণাৰ প্ৰধান সূত্ৰকেইটা হ’ল এনেধৰণৰ:ই এখন একক ৰাজ্য আছিল। প্ৰত্যেক ৰাজ্যৰে (হৰপ্পা, মহেঞ্জোদাৰো আদি) ভিন্ন শাসনকৰ্ত্তা আছিল। কোনো শাসনকৰ্ত্তা নাছিল আৰু সকলোৱে সমান মৰ্যাদা উপভোগ কৰিছিল। সিন্ধু সভ্যতাৰ লোকসকলে ওজন, ভৰ আৰু সময় সঠিকভাৱে নিৰূপণ কৰাৰ লগতে জোখ-মাপৰ সমতুল পদ্ধতিৰ বিকাশ ঘটাইছিল। গুজৰাটৰ ল’থালত আৱিষ্কৃত হাতীদাঁতৰ এডাল মাপকাঠিত অংকিত প্ৰায় ১.৭ মিলিমিটাৰেই হৈছে এতিয়ালৈকে পোৱা ব্ৰঞ্জ যুগৰ আটাইতকৈ সৰু জোখ। হৰপ্পান অভিযন্তাসকলে প্ৰায়োগিক ক্ষেত্ৰত জোখ-মাপৰ দশমিক পদ্ধতিৰ ব্যৱহাৰ কৰিছিল। কৌটিল্যৰ অৰ্থশাস্ত্ৰত (খ্ৰী:পূ: ৪ৰ্থ শতিকা) বৰ্ণিত জোখ-মাপসমূহ ল’থালত ব্যৱহৃত জোখ-মাপৰ সৈতে একে। হৰপ্পানসকলে ধাতুবিদ্যাৰ নতুন পদ্ধতিৰ উদ্ভাৱন কৰাৰ লগতে তাম, ব্ৰঞ্জ, সীহ আৰু টিন উৎপাদন কৰিছিল। ২০০৬ চনৰ এপ্ৰিল মাহত নেচাৰ নামৰ বিজ্ঞান পত্ৰিকাত আদি প্ৰস্তৰ যুগৰ মেহৰগড়ত জীৱন্ত মানুহৰ দাঁতত বিন্ধা কৰাৰ প্ৰমাণ পোৱাৰ কথা প্ৰকাশ পায়। | |
44a12df8efaf443c2b1248b7011e04c36f50b0b29620391e154a0361b55ca3c3 | ৬ চেপ্তেম্বৰত বসু মাদুৰাইলৈ যাওঁতে থেৱৰে বসুৰ সমৰ্থনত এক বিশাল ৰেলীৰ আয়োজন কৰে। মাদুৰাইলৈ যোৱাৰ পথত তেওঁ মাদ্ৰাজত ৰৈ Gandhi Peakত তিনি দিন থাকি যায়। বসুৱে যদিও ব্ৰিটিছৰ দমন নীতিৰ ঘোৰ বিৰোধী আছিল, তথাপি তেওঁ ব্ৰিটিছৰ সুশৃংখল, পদ্ধতিগত কাম-কাজ আৰু জীৱনৰ প্ৰতি তেওঁলোকৰ সুস্থিৰ নিয়মানুৱৰ্তী দৃষ্টিভংগীৰদ্বাৰা তেওঁ প্ৰভাৱিত হৈছিল। ইংলেণ্ডত তেওঁ ব্ৰিটিছ লেবাৰ পাৰ্টীৰ নেতা আৰু ৰাজনৈতিক চিন্তাবিদ যেনে লৰ্ড হেলিফেক্স, জৰ্জ লেন্সবাৰী, ক্লিমেণ্ট এটলী, আৰ্থাৰ গ্ৰীণউড, হেৰল্ড লাস্কি, জে বি এচ হেলডেন, আইভৰ জেনিংছ, জি ডি এইচ ক'ল, গিলবাৰ্ট মুৰে', ছাৰ ষ্টেফ'ৰ্ড ক্ৰিপ্স আদিৰ লগত ভাৰতৰ ভৱিষ্যত সম্পৰ্কে মত বিনিময় কৰে। তেওঁ বিশ্বাস কৰিবলৈ ধৰিলে যে স্বাধীন ভাৰতত কমেও দুটা দশকৰ বাবে তুৰ্কীৰ কেমল আতাতুৰ্কৰ দৰে সমাজবাদী একনায়কত্ববাদৰ প্ৰয়োজন হ'ব। ৰাজনৈতিক কাৰণতে বসুক ব্ৰিটিছ প্ৰশাসনে আংকাৰাত আতাতুৰ্কক লগ কৰাৰ অনুমতি নিদিলে। ইংলেণ্ডত থকা সময়ছোৱাত মাত্ৰ Labour Party আৰু Liberal Partyৰ ৰাজনীতিবিদসকলেহে বসুক লগ কৰিবলৈ সন্মত হয়। উপনিবেশৰ ৰাজনীতিবিদ হোৱাৰ বাবে বসুক Conservative Partyৰ বিষয়াসকলে লগ কৰা বা সৌজন্য দেখুওৱাৰপৰা বিৰত থাকিল। বিশ্বযুদ্ধ আৰম্ভণিৰ সময়ত ভাইচৰয় লৰ্ড লিনলিথগ'ই কংগ্ৰেছ নেতৃত্বৰ লগত আলোচনা নকৰাকৈ ভাৰতৰ হৈ যুদ্ধ ঘোষণা কৰাৰ প্ৰতিবাদত বসুৱে এক আইন অমান্য আন্দোলনৰ প্ৰস্তাৱ দিয়ে। | |
5cb772ebc93f8c93da4be56de08a5163470e6b9a3d4ee924597d5c9ba94d94b6 | ৯ জুলাইত পূৰ্ৱৰ ৰীতি সলাই ব্ৰাহ্মণ আৰু বৈদ্যৰ বাহিৰেও কায়স্থসকলক সংস্কৃত কলেজত অধ্যয়নৰ সুযোগ কৰি দিয়ে। ২৬ জুলাইত দেওবাৰৰ সাপ্তাহিক ছুটিৰ প্ৰথা প্ৰৱৰ্তিত হয়। ইয়াৰ আগতে প্ৰতি অষ্টমী আৰু প্ৰতিপদ তিথিত ছুটি আছিল। ডিচেম্বৰ মাহত সংস্কৃত কলেজখন সকলো বৰ্ণৰ মানুহৰ বাবে উন্মুক্ত কৰে দিয়ে। ১৮৫২ চনৰ এপ্ৰিল ২৬ ত অনুচ্ছেদ সম্বলিত “নোটছ অন দ্য সংস্কৃত কলেজ” প্ৰস্তুত হয়। ২৮ আগষ্টৰ পৰা কলেজত প্ৰৱেশাৰ্থী ছাত্ৰসকলৰ ২ টকা দক্ষিণা দিয়াৰ প্ৰথা আৰম্ভ হয়। ১৮৫৩ চনত জন্মভূমি বীৰসিংহ গাঁৱত অবৈতনিক বিদ্যালয় স্থাপন কৰে। জুন মাহত কালিদাসৰ ৰঘুবংশম্ আৰু ভাৰবিৰ কিৰাতাৰ্জ্জুনীয়ম্ তেখেতৰ সম্পাদনাত প্ৰকাশিত হয়। ছেপ্টেম্বৰ মাহত বাৰাণসীৰ সংস্কৃত কলেজেৰ অধ্যক্ষ জেমছ আৰ ভেলেনটাইন সংস্কৃত কলেজ পৰিদৰ্শন কৰি যি ৰিপৰ্ট দিয়ে, তাৰ মতামত সমালোচনা কৰি শিক্ষা সংসদত এটা বিদ্যাসাগৰে ৰিপৰ্ট দিয়ে। বঙালীৰ শিক্ষাৰ ইতিহাসত এই ৰিপৰ্ট এক যুগান্তকাৰী দলিল। এই বছৰতে তেখেতৰ প্ৰসিদ্ধ গ্ৰন্থ ব্যাকৰণ কৌমুদী প্ৰথম আৰু দ্বিতীয় ভাগ প্ৰকাশিত হয়। ১৮৫৪ চনত ব্যাকৰণ কৌমুদী তৃতীয় ভাগ আৰু কালিদাসৰ অভিজ্ঞানশকুন্তলম্ অবলম্বনত তেখেতৰ ৰচিত শকুন্তলা প্ৰকাশিত হয়। ইয়াৰ বাদেও তত্ত্ববোধিনী পত্ৰিকা-ত বিধবা বিবাহ প্ৰচলিত হোৱা উচিতনে? শীৰ্ষক এটা প্ৰবন্ধও প্ৰকাশিত হয়। ১৮৫৫ চনত জানুৱাৰী মাহত বিধবা বিবাহ প্ৰচলিত হওয়া উচিত কিনা এইবিষয়ক প্ৰস্তাৱ – প্ৰথম পুস্তক প্ৰকাশিত হয়। এই বছৰৰ এপ্ৰিল মাহত বঙালী নৱবৰ্ষৰ দিনা যুগান্তকাৰী বঙালী শিশুপাঠ্য বৰ্ণমালা শিক্ষাগ্ৰন্থ বৰ্ণপৰিচয় প্ৰকাশিত হয়। ১ মে'ত সংস্কৃত কলেজৰ অধ্যক্ষৰ পদৰ উপৰিও মাহিলী অতিৰিক্ত ২০০ টকা বেতনত দক্ষিণবঙ্গত সহকাৰী বিদ্যালয় পৰিদৰ্শকৰ পদত নিযুক্ত হয়। জুন মাহত বৰ্ণপৰিচয় গ্ৰন্থৰ দ্বিতীয় ভাগ প্ৰকাশিত হয়। ১৭ জুলাইত বঙালী শিক্ষক প্ৰশিক্ষণৰ উদ্দেশ্যে সংস্কৃত কলেজৰ অধীনত সেই কলেজৰ প্ৰাতঃকালীন বিভাগত নৰ্মাল স্কুল স্থাপন কৰে। এই বছৰতে দক্ষিণবঙ্গৰ ৪ জিলাত একাধিক মডেল স্কুল বা বঙ্গবিদ্যালয় স্থাপন কৰে। আগষ্ট-ছেপ্টেম্বৰত নদিয়াত ৫ খন, আগষ্ট-অক্টোবৰত বৰ্ধমানত ৫ খন, আগষ্ট-ছেপ্টেম্বৰ-নৱেম্বৰ হুগলিত ৫খন আৰু অক্টোবৰ-ডিচেম্বৰত মেদিনীপুৰ জিলাত ৮খন বঙ্গবিদ্যালয় স্থাপন কৰে। অক্টোবৰ মাহত বিধবা বিবাহ বিৰোধী মতৰ কণ্ঠৰোধ কৰাৰ পৰ্যাপ্ত শাস্ত্ৰীয় প্ৰমাণ সহ বিধবা বিবাহ প্ৰচলিত হওয়া উচিত কিনা এতদ্বিষয়ক প্ৰস্তাব – দ্বিতীয় পুস্তক প্ৰকাশ কৰে। বিধবা বিবাহ আইনসম্মত কৰিবলৈ ভাৰতত নিযুক্ত ব্ৰিটিছ চৰকাৰৰ নিকট বহুসাক্ষৰ সম্বলিত এক আবেদনপত্ৰও পঠিয়ায়। ২৭ ডিচেম্বৰত আৰু এখন আবেদনপত্ৰ পঠিয়াই বহু বিবাহ নিবাৰণ বিধিৰ বাবে। ১৮৫৬ চনত ১৪ জানুৱাৰীত মেদিনীপুৰত পঞ্চম বঙ্গবিদ্যালয় স্থাপিত হয়। ফেব্ৰুৱাৰী মাহত ঈশ্বপৰ কাহিনীৰ অৱলম্বনত ৰচিত কথামালা প্ৰকাশিত হয়। ১৬ জুলাইত বিধবা বিবাহ আইনসম্মত হয়। এই দিনাই প্ৰকাশিত হয় তেখেতৰ স্বৰচিত গ্ৰন্থ “চৰিতাবলী”। এই বছৰৰ ৭ ডিচেম্বৰত কলকতাত প্ৰথম বিধবা বিবাহ আয়োজিত হয় ১২ চুকিয়া ষ্ট্ৰিটত বিদ্যাসাগৰৰ বন্ধু ৰাজকৃষ্ণ বন্দ্যোপাধ্যায়ৰ ঘৰত। ১৮৫৭ চনত ২৪ জানুৱাৰীত কলকাতা বিশ্ববিদ্যালয় স্থাপিত হয়। বিদ্যাসাগৰ বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ অন্যতম সদস্য তথা ফেলো মনোনীত হয়। উল্লেখ্য এই সমিতিৰ ৩৯ জন সদস্যৰ মাজত মাত্ৰ ছয় জন ভাৰতীয় আছিল। এই বছৰ নৱেম্বৰ-ডিচেম্বৰ মাহত হুগলি জিলাত ৭খন আৰু বৰ্ধমান জিলাত ১খন বালিকা বিদ্যালয় স্থাপন কৰে। পাছৰ বছৰ জানুৱাৰীৰ পৰা মে মাহৰ মাজত হুগলিত আৰু ১৩খন, বৰ্ধমানত ১০খন, মেদিনীপুৰত ৩খন আৰু নদিয়াত এখন বালিকা বিদ্যালয় স্থাপন কৰে। ১৮৫৭ চনৰ নৱেম্বৰ মাহৰ পৰা ১৮৫৮ চনৰ মে মাহলৈ সমগ্ৰ দক্ষিণবঙ্গত বিদ্যাসাগৰে ৩৫খন বালিকা বিদ্যালয় স্থাপন কৰিছিল। মুঠ ১৩০০ ছাত্ৰীসম্বলিত এই বিদ্যালয়সমূহ চলাবৰ বাবে তেখেতৰ খৰচ হৈছিল মাহেকে ৮৪৫ টকা। ১৮৫৮ চনত ৩ নৱেম্বৰত শিক্ষা বিভাগৰ অধিকৰ্তাৰ সৈতে মতবিৰোধ হোৱাত তেওঁ সংস্কৃত কলেজৰ অধ্যক্ষৰ পদ ত্যাগ কৰে। প্ৰায় ৩৯ বছৰ বয়সত চৰকাৰৰ সৈতে তেখেতৰ সকলো সম্পৰ্ক বিছিন্ন হয়। ১৮৫৮ চনৰ ১৫ নৱেম্বৰত সোমপ্ৰকাশ নামে এখন সাপ্তাহিক পত্ৰিকা প্ৰকাশিত হয়। এই পত্ৰিকা প্ৰকাশৰ পৰিকল্পনাৰ নেপথ্যত বিদ্যাসাগৰৰ যথেষ্ট অৱদান আছিল। দেশীয় ভাষাত প্ৰকাশিত এইখনেই প্ৰথম পত্ৰিকা য’ত ৰাজনৈতিক বিষয়ে স্থান পাইছিল। ১৮৫৯ চনৰ ১ এপ্ৰিলত পাইকপাড়াৰ ৰজাসকলৰ পৃষ্ঠপোষকতাত মুৰ্শিদাবাদ জিলাত বিদ্যাসাগৰে ইংৰাজী-বঙালী স্কুল প্ৰতিষ্ঠা কৰে। কিছুসময় তেওঁ এই প্ৰতিষ্ঠানৰ অবৈতনিক তত্ত্বাবধায়কো আছিল। ১৮৬০ চনৰ ১২ এপ্ৰিলত ভবভূতিৰ উত্তৰ ৰামচৰিত অৱলম্বনত তেখেতৰ মাত্ৰ ৪ দিনত ৰচনা কৰা বিখ্যাত গ্ৰন্থ সীতাৰ বনবাস প্ৰকাশিত হয়। ১৮৬১ চনৰ ডিচেম্বৰ মাহত হৰিশ্চন্দ্ৰ মুখোপাধ্যায়ৰ অকালপ্ৰয়াণত তেখেতৰ সম্পাদিত হিন্দু প্যাট্ৰিয়ট পত্ৰিকাৰ পৰিচালন ভাৰ বিদ্যাসাগৰে গ্ৰহণ কৰে। ১৯৬২ চনত তেখেতৰ সম্পাদনাযত প্ৰকাশিত হয় বাণভট্টৰ কাদম্বৰী। মাইকেল মধুসূদন দত্তই তেওঁক উৎসৰ্গ কৰে স্বৰচিত বীৰাঙ্গনা কাব্য। ১৮৬৩ চনত চৰকাৰ তেওঁক ৱাৰ্ডছ ইনষ্টিটিউশ্যনৰ পৰিদৰ্শক নিযুক্ত কৰে। উল্লেখ্য, ৮ পৰা ১৪ বছৰ বয়সৰ নাবালক জমিদাৰসকলৰ শিক্ষাদানৰ উদ্দেশ্যে ১৮৫৬ চনত এই ইনষ্টিটিউশ্যন প্ৰতিষ্ঠিত হয়। ১৮৬৪ চনত কলিকাতা ট্ৰেনিং স্কুলৰ নাম পৰিবৰ্তন কৰি কলিকাতা মেট্ৰোপলিটান ইনষ্টিটিউশ্যন ৰখা হয়। ৪ জুলাইত ইংলেণ্ডৰ “ৰয়েল এছিয়াটিক ছচাইটি”য়ে তেওঁক সাম্মাণিক সদস্যৰূপে নিৰ্বাচিত কৰে। ১৮৬৬ প্ৰকাশিত হয় তেখেতৰ পৰিমাৰ্জিত আখ্যান মঞ্জৰী গ্ৰন্থৰ প্ৰথম আৰু দ্বিতীয় ভাগ। ১৮৬৭ চনত জুলাই মাহত জেষ্ঠা কন্যা হেমলতাৰ সৈতে গোপালচন্দ্ৰ সমাজপতিৰ বিবাহ হয়। এবছৰ অনাবৃষ্টিৰ কাৰণে বঙালীত তীব্ৰ অন্নসংকটে দেখা দিয়াত তেওঁ বীৰসিংহ গাঁৱত নিজ ব্যয়ত এখন অন্নসত্ৰ স্থাপন কৰে। ছয় মাহ দৈনিক ৪০০-৫০০ মানুহে এই অন্নসত্ৰৰ পৰা অন্ন, বস্ত্ৰ আৰু চিকিৎসাৰ সুযোগ পাইছিল। ১৮৬৯ চনৰ এপ্ৰিল মাহত তেখেতৰ সম্পাদনাত কালিদাসৰ মেঘদূতম্ প্ৰকাশিত হয়। ডিচেম্বৰত প্ৰকাশিত হয় উইলিয়াম শেক্সপিয়েৰ ৰচিত কমেডি অফ এৰৰছৰ অৱলম্বনত ৰচিত বঙালী গ্ৰন্থ ভ্ৰান্তিবিলাস। ১৮৭০ চনত জানুৱাৰী মাহত ডাক্তৰ [মহেন্দ্ৰলাল চৰকাৰৰ বিজ্ঞান সভাত ১০০০ টকা দান কৰে বিদ্যাসাগৰে। ১৮৭২ চনত ১৫ জুনত হিন্দু বিধবাসকলৰ সাহায্যৰ বাবে “হিন্দু ফেমিলি এনুয়িটি ফাণ্ড” নামে এটা জনহিতকৰ অৰ্থনৈতিক প্ৰতিষ্ঠান স্থাপন কৰে। ১৮৭৩ চনৰ জানুৱাৰী মাহত স্থাপিত হয় মেট্ৰোপলিটান কলেজ। সেইকালৰ এই বেচৰকাৰী কলেজখনেই বৰ্তমান কলকাতাৰ বিখ্যাত বিদ্যাসাগৰ কলেজ নামেৰে অভিহিত। এপ্ৰিল মাহত বহুবিবাহ ৰহিত হওয়া উচিত কিনা এতদ্বিষয়ক বিচাৰ (দ্বিতীয় পুস্তক) প্ৰকাশিত হয়। মে মাহত বিধবা বিবাহ বিৰোধী পণ্ডিতসকলৰ উত্তৰত ‘কস্যচিৎ উপযুক্ত ভাইপোস্য’ ছদ্মনামেৰে ৰচনা কৰে অতি অল্প হইল আৰু আবাৰ অতি অল্প হইল নামে দুখন কিতাপ। ১৮৮০ চনত ১ জানুৱাৰীত বিদ্যাসাগৰে চিআইই উপাধি পায়। মাৰ্চত বাণভট্টৰ হৰ্ষচৰিতম্ তেখেতৰ সম্পাদনাত প্ৰকাশিত হয়। ১৮৮৪ চনত নৱেম্বৰত ‘কস্যচিৎ উপযুক্ত ভাইপোস্য’ ছদ্মনামে ব্ৰজবিলাস গ্ৰন্থ প্ৰকাশ কৰে। ইয়াৰ বাদেও প্ৰকাশিত হয় ‘কস্যচিৎ তত্ত্বান্বেষিণঃ’ ছদ্মনামে বিধবা বিবাহ আৰু যশোহৰ হিন্দুধৰ্মৰক্ষিণীসভা গ্ৰন্থ। দ্বিতীয় সংস্কৰণত তেওঁ ইয়াৰ নামকৰণ কৰে বিনয় পত্ৰিকা। ১৮৮৬ চনত অগষ্টত ‘কস্যচিৎ উপযুক্ত ভাইপোসহচৰস্য’ ছদ্মনামে ৰত্নপৰীক্ষা পুস্তক প্ৰকাশ কৰে। ১৮৮৮ চনৰ এপ্ৰিলত নিষ্কৃতিলাভ প্ৰয়াস, জুনত আখ্যান মঞ্জৰী (দ্বিতীয় ভাগ), জুলাইত পদ্যসংগ্ৰহ নামৰ সংকলন গ্ৰন্থৰ প্ৰথম ভাগ প্ৰকাশ কৰে। ১৩ আগষ্টত পত্নী দীনময়ী দেৱীৰ মৃত্যু হয়। ১৮৮৯ চনত নৱেম্বৰত প্ৰকাশ কৰে সংস্কৃত ৰচনা। ১৮৯০ চনত ১৪ এপ্ৰিল বীৰসিংহ গাঁৱত মাতৃৰ নামেৰে ভগৱতী বিদ্যালয় স্থাপন কৰে। মে' মাহত নিৰ্বাচিত উদ্ভট শ্লোকসংগ্ৰহ শ্লোকমঞ্জৰী প্ৰকাশিত হয়। ১৮৭৫ চনৰ ৩১ মেত বিদ্যাসাগৰে নিজৰ শেষইচ্ছা (উইল) প্ৰস্তুত কৰে। লিভাৰ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ বিদ্যাসাগৰ ১৮৯১ চনৰ ২৯ জুলাইৰ ৰাতি ২:০৮ বজাত তেখেতৰ কলকাতাৰ বাদুড়বাগানস্থ বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭১ বছৰ ১০ মাহ ৩ দিন। | |
37c45e32068ea5d9a8017053e8d9126e8a3f4b8b70d651b21a5f75841654ec71 | ৰজা হিচাপে তেওঁ আছিল উচ্চাকাংক্ষী আৰু আগ্ৰাসী। অশোকে ভাৰতবৰ্ষৰ দক্ষিণ আৰু পশ্চিম প্ৰান্তলৈকে একচ্ছত্ৰী আধিপত্য স্থাপন কৰিছিল। কিন্তু ২৬২-২৬১ খ্ৰী:পূ:ত হোৱা কলিঙ্গ যুদ্ধই সম্ৰাট অশোকৰ জীৱনৰ সুঁতি সলনি কৰে। এই যুদ্ধত অশোকৰ ১০ হাজাৰ সেনাৰ লগতে প্ৰায় ১ লাখ সৈন্য আৰু সাধাৰণ লোকৰ মৃত্যু হয়। যুদ্ধত জয়ী হ’লেও এই যুদ্ধই অগণন লোকলৈ কঢ়িয়াই অনা বিভীষিকা তেওঁ স্বচক্ষে দেখা পায় আৰু ইয়াৰ বাবে অনুতপ্ত হয়। ইয়াৰ পিছতেই তেওঁ বৌদ্ধ ধৰ্মৰ নীতিসমূহ অনুসৰণ কৰে আৰু যুদ্ধ তথা হিংসা পৰিহাৰ কৰে। তেওঁ সমগ্ৰ ভাৰত আৰু এছিয়াতে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ হকে অহোপুৰুষাৰ্থ কৰে। অশোকে অহিংসাৰ নীতি প্ৰৱৰ্ত্তন কৰি হিংসাত্মক ক্ৰীড়া আৰু বলপূৰ্বক কৰ্ম নিয়োজন নিষিদ্ধ কৰে। অৱশ্যে প্ৰশাসনীয় কাম-কাজ নিয়াৰিকৈ চলাবলৈ তেওঁ এক শক্তিশালী সেনাবাহিনী ৰাখিছিল। সমগ্ৰ এছিয়া আৰু ইউৰোপৰ সৈতেও অশোকে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বঢ়াই তোলে। প্ৰায় ৪০ বছৰীয়া শান্তি, সমন্বয় আৰু সমৃদ্ধিৰ বাবে সম্ৰাট অশোক ভাৰতৰ ইতিহাসৰ এক অন্যতম সফল শাসক হিচাপে পৰিগণিত। ১৮৫ খ্ৰী:পূ:ত অন্তিমজন মৌৰ্য ৰজা বৃহদ্ৰথ সেনাবাহিনীৰ এক পেৰেডৰ সময়ত হত্যাৰ বলি হয়। | |
4feed5129ae3aec2b9e199f6e3e8df153075bb510c6d7c9912de4bf8ddbd4caa | ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ কলকাতাৰ জোড়াসাঁকোৰ বিখ্যাত ঠাকুৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। পিতৃ দেবেন্দ্ৰনাথ ঠাকুৰ আৰু মাতৃ সাৰদা দেবীৰ ১৪টা সন্তানৰ মাজত ১৩ নম্বৰজন আছিল ৰবীন্দ্ৰনাথ। তেওঁৰ সৰুতে মতা নাম আছিল ৰবি। ১১ বছৰ বয়সত তেওঁৰ লগুণদিয়নী সম্পন্ন হোৱাৰ পাচত ১৮৭৩ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে ৰবীন্দ্ৰনাথে পিতৃৰ লগত ভাৰত ভ্ৰমণৰ উদ্দেশ্যে যাত্ৰা কৰে। তেওঁ ভ্ৰমণ কৰা ভাৰতৰ বিভিন্ন ঠাইসমূহৰ ভিতৰত আছিল তেওঁৰ পৈতৃক সম্পত্তি থকা শান্তিনিকেতন , অমৃতসৰ আৰু বৰ্তমান হিমাচল প্ৰদেশৰ শৈলনগৰী ডেলহাউচি। তাতে তেওঁ বিভিন্ন ব্যক্তিৰ জীৱনী পঢ়িল, অধ্যয়ন কৰিলে ইতিহাস, জ্যোতিৰ্বিজ্ঞান, আধুনিক বিজ্ঞান আৰু সংস্কৃত। একেলগে তেওঁলোকে কালিদাসৰ ধ্ৰুপদী কাব্যৰ বিভিন্ন পৰ্যালোচনা কৰিলে। ১৮৭৭ চনত তেওঁৰ প্ৰথম সাহিত্যকৰ্ম প্ৰকাশিত হয়। ইয়াৰ মাজত আছিল মৈথিলি শৈলীত লিখা কিছু সুদীৰ্ঘ কবিতা। এই ধৰণৰ কবিতা প্ৰথম লিখিছিল কবি বিদ্যাপতিয়ে। এইলানি কবিতা সম্পৰ্কে তেওঁ উল্লেখ কৰিছে যে, এইবিলাক হৈছে ভানুসিংহৰ(সপ্তদশ শতাব্দীৰ বৈষ্ণৱ কবি) হেৰাই যোৱা কাব্য-সংগ্ৰহ। সেই একে বছৰতে তেওঁ লিখে ভিক্ষাৰিনী নামৰ গল্পটি, যি বঙালী সাহিত্যৰ প্ৰথম চুটিগল্পৰ মৰ্যাদা লাভ কৰিছে। ১৮৮২ চনত তেওঁৰ বিখ্যাত কাব্যগ্ৰন্থ সন্ধ্যা সংগীত প্ৰকাশিত হয়। "নিৰ্ঝৰেৰ স্বপ্নভঙ্গ" নামৰ বিখ্যাত কবিতাটি এই কাব্যগ্ৰন্থৰে অন্তৰ্গত। ১৮৭৮ চনত বেৰিষ্টাৰ হোৱাৰ উদ্দেশ্যে ৰবীন্দ্ৰনাথে ইংলেণ্ডলৈ যাত্ৰা কৰে। তাত ব্ৰাইটনৰ এখন পাব্লিক স্কুলত তেওঁ নামভৰ্তি কৰে। তাৰপিছত তেওঁ ইউনিভাৰ্চিটি কলেজ লণ্ডনত পঢ়াশুনা কৰে। ১৮৮০ চনত তেওঁ কোনো ডিগ্ৰী লাভ নকৰাকৈ ভাৰতলৈ ঘূৰি আহে। ১৮৮৩ চনত তেওঁ মৃণালিনী দেবীক বিয়া কৰায়। জন্মৰ সময়ত মৃণালিনীৰ ঘৰত মতা নাম আছিল ভৱতাৰিণী (১৮৭৩ - ১৯০২)। তেওঁলোকৰ পাঁচটি সন্তানৰ জন্ম হৈছিল যদিও তাৰ মাজতে দুটি শিশুকালতেই মৃত্যুৰ মুখত পৰে। । ১৮৯০ চনৰপৰা ৰবীন্দ্ৰনাথে শিলাইদহত থকা তেওঁৰ পৈতৃক সম্পত্তি চোৱাচিতা কৰাৰ দায়িত্ব গ্ৰহণ কৰে। এইখিনি সময়ত তেওঁ "জমিদাৰ বাবু" নামেৰে পৰিচিত আছিল। এইছোৱা সময়তে ৰবীন্দ্ৰনাথে অনেক গল্প ৰচনা কৰে। তেওঁৰ তিনিটা খণ্ডত ৰচিত বিখ্যাত গল্প সংকলন গল্পগুচ্ছৰ (য'ত মুঠ ৮৪টা চুটিগল্প আছে) প্ৰায় আধাসংখ্যক গল্প এইখিনি সময়তেই তেওঁ ৰচনা কৰে। এই গল্পসমূহত ব্যঙ্গ তথা আবেগৰ সমন্বয়ত গ্ৰামীণ বাংলাৰ সঠিক চিত্ৰ নিপুণভাবে ফুটি উঠিছে। ১৯০১ চনত ৰবীন্দ্ৰনাথে শিলাইদহ ত্যাগ কৰি শান্তিনিকেতনৰ উদ্দেশ্যে যাত্ৰা কৰে। তেওঁৰ শান্তিনিকেতনলৈ যোৱাৰ মূল উদ্দেশ্য আছিল এখন আশ্ৰম স্থাপন কৰা। এই আশ্ৰমত তেওঁ গঢ়ি তোলে এটি মাৰ্বল পাথৰেৰে সুশোভিত মন্দিৰ, এখন বিদ্যালয়, বাগিচা আৰু গ্ৰন্থাগাৰ। | |
14d18c4a69fde270deb719ac795b3a2bc82d037f78022953876f72b68d68e47c | ৰবীন্দ্ৰনাথৰ সকলোতকৈ প্ৰভাৱশালী সাহিত্য হৈছে তেখেতৰ গান আৰু কবিতাবোৰ। চুটিগল্প, প্ৰবন্ধ, ভ্ৰমণকাহিনী আৰু নাটক ৰচনাতো তেখেত সিদ্ধহস্ত আছিল। গান আৰু কবিতাৰ পিছতে তেখেতৰ আটাইতকৈ প্ৰভাৱশালী ৰচনা হ'ল চুটিগল্প। তেখেতক বঙালী ভাষাৰ চুটিগল্পৰ প্ৰতিষ্ঠাতা বুলি গণ্য কৰা হয়। তেখেতৰ ৰচনাৰ ছান্দসিক, আশাবাদী আৰু গীতিধৰ্মী ৰূপে সহজেই সকলোকে আকৰ্ষম কৰে। সাধাৰণ বঙালীৰ জীৱনধাৰা আছিল তেখেতৰ ৰচনাৰ প্ৰধান উপজীৱ্য। ৰবীন্দ্ৰনাথে প্ৰথম প্ৰথম ভাতৃ জ্যোতিৰিন্দ্ৰনাথ ঠাকুৰ অনূদিত মলিয়েৰৰ বুৰ্জোৱা (Le Bourgeois Gentilhomme) নাটৰ প্ৰধান চৰিত্ৰৰ ৰূপায়ণৰ মাজেৰে আত্মপ্ৰকাশ কৰে। ২০ বছৰ বয়ষত তেওঁ প্ৰথম নাটক "বাল্মিকী" ৰচনা কৰে। ইয়াত ডকাইত ৰত্নাকৰে কেনেকৈ নিজৰ জীৱনদৰ্শন সলনি কৰি বাল্মিকী হৈ ৰামায়ণ ৰচনা কৰে তাক প্ৰতীয়মান কৰা হৈছে। ইয়াত তেওঁ বিভিন্ন নাট্যশৈলী আৰু ভাৱৰ প্ৰকাশ ঘটাইছে, যেনে কীৰ্তনৰ ব্যৱহাৰ, মাতাল গানত ঐতিহ্যবাহী ব্ৰিটিছ আৰু আইৰিচ লোকসংগীতৰ সূৰৰ সংকলন। ১৮৯০ চনত ৰবীন্দ্ৰনাথে বিসৰ্জন ৰচনা কৰেন যাক অনেকে তেওঁৰ ৰচিত সৰ্বশ্ৰেষ্ঠ নাটক বুলি বিবেচনা কৰে। তেওঁৰ পাচৰ ফালৰ নাটকবোৰত ৰূপকে বেচি প্ৰাধান্য পাইছে। এনে এখন উল্লেখযোগ্য নাটক "ডাকঘৰ। " ইয়াত এজন সৰু ল'ৰাই নিজৰ দৈনন্দিন জীৱনৰ পৰা মুক্তি বিচাৰে আৰু অৱশেষত "শুই পৰে" (মৃত্যুৰ ৰূপক/প্ৰতীক)। সাৰ্ব জনীন আৱেদনসম্পন্ন "ডাকঘৰ"ৰ গল্পই ইউৰোপত যথেষ্ট সঁহাৰি পাইছিল। ৰবীন্দ্ৰনাথৰ ভাষাত ল'ৰাটোৰ শুই পৰাৰ ৰূপকটোৱে "শুই পৰা" ৰূপকটোৱে "জাগতিক স্তুপীকৃত সম্পদ আৰু প্ৰচলিত বিশ্বাস"ৰ পৰা "আধ্যাত্মিক মুক্তি" সূচাইছে। আন এখন উল্লেখযোগ্য নাট "চন্দালিকা" এটা প্ৰাচীন বৌদ্ধ কিংবদন্তী লৈ গঢ়ি উঠিছে। ইয়াত গৌতম বুদ্ধৰ শিষ্য আনন্দই এগৰাকী আদিবাসী ছোৱালীৰ পৰা পানী খুজি খোৱাৰ কথা বৰ্নোৱা হৈছে। ৰবীন্দ্ৰনাথৰ বিখ্যাত নাটক "ৰক্তকৰবী"ত এজন লোভী ৰজাৰ কথা কোৱা হৈছে। ধনৰ লোভত তেওঁ প্ৰজাসকলক খনিত কাম কৰিবলৈ বাধ্য কৰে। নায়িকা নন্দিনীয়ে প্ৰজাসকলক একগোট কৰে আৰু এই অত্যাচাৰৰ অন্ত ঘটায়। তেওঁৰ অন্যান্য উল্লেখযোগ্য নাটক হৈছে "চিত্ৰাংগদা", "ৰাজা", মায়াৰ খেলা আদি। ৰবীন্দ্ৰনাথৰ নৃত্যপ্ৰধান নাটসমূহক "ৰবীন্দ্ৰ নৃত্যনাট্য" বুলি জনা যায়। তেখেতে ৰচনা কৰা নাটকসমূহ হ'ল-বিহাৰীলাল চক্ৰৱৰ্তী (১৮৩৫-১৮৯৪) আছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ পূৰ্বসূৰী কবি। | |
cd7867bd979d0e8214a5d7f71f76f839a1b6e7205dc3c59bbbac190548c16b14 | ৰাখী এই উৎসৱটো কেতিয়াৰ পৰা আৰম্ভ হ'ল এই কথা কোনেও সঠিককৈ ক'ব নোৱাৰে। পুৰণি এটা আখ্যান মতে দানৱ আৰু দেৱতাৰ যুদ্ধত যেতিয়া দেৱতা সকল দুৰ্বলৰ দৰে অনুভৱ হল তেতিয়া দেৱতাৰ ৰজা ইন্দ্ৰ দেৱ বৃহস্পতিৰ কাষ চাপিল। বৃহস্পতিৰ আগত কোৱা সকলো কথা ইন্দ্ৰৰ পত্নীয়ে শুনি আছিল আৰু তাই এডাল ৰেচমৰ সূতাত কিছু মন্ত্ৰ শক্তিৰে পবিত্ৰ কৰি ইন্দ্ৰৰ হাতত বান্ধি দিলে। সংযোগ ক্ৰমে সেই দিনা শাওণ মাহৰ পূৰ্ণিমা তিথি আছিল আৰু কিছু মানুহৰ বিশ্বাস যে তেতিয়াৰ পৰাই ৰাখী বন্ধন উৎসৱটি প্ৰচলিত হৈ আহিছে। মহাভাৰতত আছে কোনো এখন যুদ্ধত শ্ৰীকৃষ্ণ আঘাত প্ৰাপ্ত হোৱাত পাণ্ডৱৰ স্ত্ৰী দ্ৰৌপদীয়ে তেওঁৰ শাৰীৰ আঁচলখন ফালি আঘাত প্ৰাপ্ত ঠাই ডোখৰত বান্ধি দিছিলে। এই কাৰ্য্যত কৃষ্ণ অভিভূত হৈ যায়। তাৰ বহু বছৰৰ পূৰ্বে কৌৰৱৰ লগত পাশা খেলত পৰাজিত হোৱাত দৌপদীক কৌৰৱৰ ৰাজ সভাত অপমান কৰে আৰু বস্ত্ৰ হৰণ কৰিবলৈ যাওঁতে কৃষ্ণই দৌপদীৰ সন্মান ৰক্ষা কৰিবৰ বাবে নিজ মায়াৰে তেওঁক বস্ত্ৰ দান কৰিছিল। কিছু লোকৰ মতে এইদৰেই ৰাখীবন্ধন প্ৰচলন হ'ল। আন এটি গল্পৰ মতে দৈতৰাজ বলি বিষ্ণুৰ ভক্ত আছিল। বিষ্ণুয়ে বৈকুণ্ঠ এৰি বলিৰ ৰাজ্য ৰক্ষা কৰিবলৈ আহে। বিষ্ণুৰ স্ত্ৰী লক্ষ্মী দেৱীয়ে স্বামীক পুনৰ ঘূৰাই নিবৰ বাবে এজনী সাধাৰণ মহিলাৰ ৰূপ ধৰে। লক্ষ্মী দেৱীয়ে বলিক কয় যে যোৱা বহু দিনৰ পৰা তেওঁৰ স্বামী নিৰুদ্দেশ, তেওঁ যেতিয়ালৈকে স্বামীক বিচাৰি নাপায় তেতিয়ালৈকে যাতে বলিয়ে তেওঁৰ ঘৰত এই দুখীয়া মহিলা গৰাকীক থাকিবলৈ দিয়ে। বলিৰজাই ছদ্মবেশী লক্ষ্মী দেৱীক আশ্ৰয় দিবলৈ ৰাজি হ'ল। শাওণ মাহৰ পূৰ্ণিমা উৎসৱ লক্ষ্মী দেৱীয়ে বলি ৰজাৰ হাতত ৰাখী বান্ধি দিয়ে। সাধাৰণ মহিলা গৰাকীয়ে বলি ৰজাৰ হাতত ৰাখী বন্ধাৰ কাৰণ সুধোতে লক্ষ্মী দেৱীয়ে নিজৰ আত্ম পৰিচয় দিলে আৰু সকলো কথা বলি ৰজাৰ আগত বিৱৰি কলে। তেওঁৰ চতুৰালিত মুগ্ধ হৈ বলি ৰজাই বিষ্ণুক বৈকুণ্ঠলৈ যাবলৈ অনুৰোধ জনায়। | |
d25e6b061e4a97314fcd2d73eeb71ddb79c56442f6ada8559d11a13853852853 | ৰাজনীতিত সক্ৰিয় অংশ গ্ৰহণ কৰাৰ পৰিবৰ্তে তেওঁ দেশ সেৱাত মনোনিবেশ কৰিলে। সেইসময়ত দুটা কাম হাতত লৈছিল, মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাৰ প্ৰসাৰ কৰা আৰু আনটো হল দিল্লীত এখন আদৰ্শ বিশ্ববিদ্যালয় জামিয়া-মিলিয়া প্ৰতিষ্ঠা কৰাৰ উদ্যোগ। ১৯৩৭ চনত গান্ধীজীয়ে বিদেশী স্কুলত শিক্ষা বিসৰ্জন দি দেশৰ সন্মুখত বুনিয়াদী শিাৰ জাতীয় আদৰ্শ দাঙি ধৰে তেতিয়াই গান্ধীজীয়ে হুছেইনক বুনিয়াদী শিঙাৰ জাতীয় কমিটীৰ সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনায় আৰু তেওঁ তাৰ সভাপতি নিযুক্ত হয়। হুছেইনেই আছিল বুনিয়াদী শিক্ষাৰ বিতং কাৰ্যসূচী প্ৰস্তুত কৰোঁতা আৰু প্ৰতিষ্ঠাতা। হেকিম আজমল খাঁ আৰু ভাতৃদ্বয় মঃ আলি চৌকত আলিৰে সৈতে লগহৈ দিল্লীত তেওঁ জামিয়া-মিলিয়া প্ৰতিষ্ঠা কৰি ১৯২৬ চনৰ পৰা ১৯৪৮ চনলৈ তাৰ উপাচাৰ্য হিচাপে কাৰ্যনিবাৰ্হ কৰিছিল। পিছত তেওঁ আচাৰ্যও নিযুক্ত হৈছিল। জামিয়া-মিলিয়া তেওঁৰ জীৱনৰ এক উল্লেখযোগ্য অৱদান আছিল। ইয়াৰো উপৰি এই অনুষ্ঠানটিৰ স্বাৰ্থত শিক্ষক সকলে সম্পূৰ্ণ ২০ বছৰ পৰ্য্যন্ত মাহে ৮০ টকা দৰমহাত কাম কৰিছিল। | |
58034ae7b7b5fbe2f3a4b2dffde51071556cee6b6eb42009a795793f88df31c5 | ৰাজস্থানী পুৰুষ-মহিলাৰ আকৰ্ষণীয় পোছাক আৰু ৰাজকীয় খাদ্যই এই কথাৰ উমান দিয়ে। ঘৰুৱাভাৱে ৰাজস্থানী পুৰুষে ধুতি আৰু আংগাৰখা পিন্ধে। আনুষ্ঠানিকভাৱে চুৰিদাৰ-পায়জামা আৰু কুৰ্তা পিন্ধে। মহিলাসকলে কঁকালত ঘাগৰা, বুকুত কাঞ্চালি (a half sleeved bodice) তাৰ ওপৰত পেটলৈকে পৰা হাত চুটি চোলা (sleeveless top) আৰু মূৰত ‘চুনৰী’ লয়। ৰাজস্থানী মহিলাই মূৰৰপৰা ভৰিলৈকে অলংকাৰেৰে নিজকে সজ্জিত কৰে। পৰম্পৰাগতভাৱে ৰূপৰ গহনাৰ প্ৰাধান্য বেছি। কপাল, নাক, কাণ, ডিঙি, বাহু, মনিবন্ধ, কঁকাল, ভৰিৰ সৰু গাঁঠি, ভৰিৰ পতা, আঙুলি – প্ৰত্যেক অংগতে সুকীয়াকৈ অলংকাৰ পিন্ধে। বিবাহিতা মহিলাই হাতীদাঁতৰ বালা পিন্ধে। হাতীদাঁতৰ অলংকাৰক শুভ জ্ঞান কৰা হয়। কাণত ঘণ্টাকৃতিৰ গধুৰ ঝুমকা পিন্ধে। কাণত সাতটা পৰ্যন্ত বিন্ধা কৰা নিয়ম আছে। ডিঙিত ৰূপৰ হাঞ্চালি (hansli) পিন্ধে। কপালত পিন্ধে উঠঙাকৈ ফুল কটা ‘বৰলা’ অথবা ‘চিচ ফুল’। বাহুত ‘বাজুবন্ধ’, ভৰিৰ পতাত গধুৰ ‘পায়েল’, আঙুলিত ‘বেণ্টি’ আৰু কঁকালত ‘কৰধনি’ পিন্ধে। ‘হাঞ্চলি’ৰ উপৰিও ডিঙিত এনে এধাৰ মণিহাৰ পিন্ধে যিধাৰৰ মাজে মাজে মুদ্ৰাৰ নিচিনা গোল অথবা চাৰিকোণীয়া পদক থাকে। এই মনিধাৰক ‘টায়েট’ বুলি কয়। ল'ৰাবিলাকে এখন কাণত ফুটা কৰে আৰু ‘লং’ বুলি এবিধ ফুলি পিন্ধে। | |
6701e6e1d7a03f4ba270a4106e4542e8012bad316f50389013e466140e29d5aa | ৰাজস্থানৰ প্ৰতিটো স্থাপত্যই ৰাজপুতসকলৰ ঐতিহ্য ঘোষণা কৰে। ইয়াত মূলতঃ তিনিখন জিলাৰ স্থাপত্যবোৰ উল্লেখ কৰা হ'ল। গোলাপী নগৰ জয়পুৰৰ পৰিকল্পনা কৰা হয় ১৯২৭ চনত। এই নগৰৰ প্ৰতিষ্ঠাপক ৰাজকুমাৰ ছাৱাই জয় সিঙৰ নামেৰে ইয়াৰ নাম জয়পুৰ হয়। জয়পুৰৰ উল্লেখযোগ্য স্থাপত্যবোৰ হ'ল এলবাৰ্ট হল, হাৱামহল, যন্তৰ-মন্তৰ আৰু আমেৰ প্ৰাসাদ আৰু দুৰ্গবোৰ। যি বিখ্যাত ৰাজপুত স্থাপত্যৰ শিল্পখ্যাতি আজি দেশে দেশে বিয়পি পৰিছে, সেয়া হ'ল হাৱামহল (The palace of Winds)। ১৭৯৯ চনত মহাৰাজ চাৱাই প্ৰতাপ সিঙে এই হাৱামহল সজাইছিল। পাঁচ মহলীয়া অষ্টকোণীয়া এই মহলটোত ১৫২খন খিৰিকী আছে। খিৰিকী মানে বেৰত কিছুমান সৰু সৰু বিন্ধা, কুন্দ্ৰাক্ষ। সেই কুন্দ্ৰাক্ষইদি বাহিৰৰ বতাহ অনবৰতে (সকলো ঋতুতে) মহলৰ ভিতৰলৈ সোমাই থাকে। সেয়াই তাৎপৰ্য। ভিতৰত প্ৰবেশ কৰিলে এনে লাগে যেন কোনো শীতাতপ নিয়ন্ত্ৰিত কোঠাহে। ৰজস্থানৰ জলবায়ু উষ্ণ। সেয়ে ৰাণীসকলে শীতল বতাহ পাবলৈ, লগতে পথৰ শোভাযাত্ৰা আদি ওপৰৰপৰা উপভোগ কৰিবলৈ এই মহল সজোৱা হৈছিল। ইটো মহলাৰ পৰা সিটো মহলালৈ যাবলৈ কোনো খটখটি নাই। ঘূৰি ঘূৰি ক্ৰমাৎ ওপৰলৈ উঠি যোৱা এঢলীয়া ৰাস্তা আছে। ৰাজপুত স্থাপত্যৰ ই এটা অভিনৱ নিদৰ্শন। ওঠৰ শতিকাত মহাৰাজ চাৱাই জয় সিং দ্বিতীয়ই পাঁচোটা মান মন্দিৰ (Astronomical observatory) দিল্লী (১৭২৪ চন),জয়পুৰ (১৭২৮ চন), উজ্জয়িনী (১৭৩৪ চন), বাৰানসী (১৭৩৭ চন) আৰু মথুৰাত (১৭৩৮ চন) সজাইছিল। স্থানীয় সময়, সূৰ্য আৰু অন্য নক্ষত্ৰৰ অৱনতি, চন্দ্ৰগ্ৰহণ, সূৰ্যগ্ৰহণ আদি নিৰূপণ কৰিবলৈ এই মান মন্দিৰবোৰ সজোৱা হৈছিল। এই মান মন্দিৰকেইটাক “যন্তৰ-মন্তৰ” বুলি কোৱা হয়। ই বিভিন্ন পকী যন্ত্ৰপাতিৰ (Masonary instrument) সংগ্ৰহ। আটাইবোৰ যন্ত্ৰ-পাতিয়েই জ্যামিতিক আকাৰৰ। আটাইবোৰতেই স্কেলৰ দাগ কটা। আটাইকেইটা মান মন্দিৰৰ ভিতৰত জয়পুৰৰটো সবাতোকৈ ডাঙৰ। ইয়াৰ যন্ত্ৰ-পাতিবোৰ এতিয়াও বহু জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় হিচাপ-নিকাচৰ বাবে উপযোগী হৈ আছে। মোগল সাম্ৰাজ্যৰ শেষ পৰ্বত এক জ্ঞানী সামান্তৰাজৰ ৰাজদৰবাৰৰ জ্যোতিৰ্বিজ্ঞান দক্ষতা আৰু বিশ্বচেতনাৰ অভিপ্ৰকাশ ৰূপে ই ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাত সাংস্কৃতিক সম্পত্তি ৰূপে অন্তৰ্ভুক্ত হয়। গৱৰ্নমেণ্ট চেণ্ট্ৰেল মিউজিয়ামটো ৰাজস্থানী শিল্প-সংস্কৃতিৰ সংগ্ৰহেৰে বিখ্যাত। ১৮৬৩ চনত ৰাজকুমাৰ এলবাৰ্টে উদ্বোধন কৰিছিল বাবে ইয়াক “এলবাৰ্ট হল” বুলিও কয়। পুৰাতাত্ত্বিক আৰু হস্তশিল্পৰ সামগ্ৰীৰ বৃহৎ সংগ্ৰহ ইয়াত আছে। সংগ্ৰহালয়ৰ বিভিন্ন অংশত যুদ্ধৰ জাখৰ, কবচ, ৰজাদিনীয়া অস্ত্ৰ-শস্ত্ৰ, ৰাজকীয় পোছাক, অলংকাৰ, দলিচা, পেইণ্টিং, কাপোৰৰ পুতলা, মৃৎশিল্পৰ বিভিন্ন সামগ্ৰী, ৰাজস্থানী লোকনৃত্য ( দাণ্ডিয়া), ৰাজস্থানী বিবাহ পদ্ধতি ইত্যাদি প্ৰদৰ্শন কৰা হৈছে। জয়পুৰ নগৰৰপৰা ১১ কিলোমিটাৰ উত্তৰ-পূবে আৰাৱলী পৰ্বতৰ ঢালত আমিৰ অৱস্থিত। পূৰ্বতে আমিৰ মিনা জনজাতীয় লোকসকলৰ অধিকৃত অঞ্চল আছিল। পাছত ৰজা ধোলাৰাজে নিজৰ দখললৈ নিছিল। জয়পুৰ নিৰ্মাণৰ পূৰ্বে প্ৰায় ছশ বছৰ আমিৰত ৰাজধানী আছিল। আজিও আমিৰ নগৰে অতীতৰ শৌৰ্য-বীৰ্যৰ কথা ঘোষনা কৰি আছে। আমিৰ নগৰ ইয়াৰ ধুনীয়া কাৰেংবোৰ আৰু তাৰ চাৰিওফালে থকা বিন্ধাযুক্ত সুবৃহৎ পকী বেৰবোৰৰ কাৰণে বিখ্যাত। আমিৰ প্ৰাসাদ আৰু দুৰ্গ হিন্দু আৰু মুছলিম স্থাপত্যৰ এটা সুন্দৰ সংমিশ্ৰণ। ৰাজা মানসিঙে সোতৰ শতিকাত আমিৰ প্ৰাসাদ আৰু দুৰ্গ সজাবলৈ আৰম্ভ কৰিছিল আৰু শেষ কৰিছিল সাৱাই জয় সিং দ্বিতীয়ই তাৰ এশ বছৰ পাছত। পেলেচ কমপ্লেক্সটোত আছে- চিচ মহল (Shees Mahal), দিৱান-ই-আম (The Hall of Public Audience), দিৱান-ই-খাচ (The Hall of Victory), সুখ নিৱাস (মহাৰাণীৰ শয়ন কক্ষ), সুহাগ মন্দিৰ (মহাৰাণীৰ কাচন কক্ষ), গণেশ পোল দৰৱাজা, সূৰযপোল দৰৱাজা, চান্দ পোল দৰৱাজা, সিংহ পোল দৰৱাজা, মহাৰাজৰ ভোজন কক্ষ ইত্যাদি। কাচৰ টুকুৰাৰে নিৰ্মিত চিচ মহল আজিও পৃথিৱীৰ উৎকৃষ্ট “Chamber of Mirrors” বিবেচিত। | |
96058490683df2a284435bea3ad12cbe5e15f0ac37a5b17769de2a09c8d467a2 | ৰাজস্থানৰ পৰম্পৰাগত হস্তশিল্পৰ সামগ্ৰী ভাৰতবৰ্ষত অদ্বিতীয়। ৰাজস্থানী জুৱেলাৰী সৰ্বখ্যাত। জয়পুৰ হেনো ‘হীৰা কটা’ত (Cutting of small diamonds) পৃথিৱীৰ ভিতৰতে অন্যতম ঠাই। মুন ষ্ট'ন, প্ৰবাল আদি বিভিন্ন ধৰণৰ পাথৰৰ ব্যৱসায়ৰ বাবে ৰাজস্থান বিখ্যাত। পান্না, হীৰা, মুকুতা, ডালিমা বাখৰ (Garnet), Lapis lazuli, Agate (উজ্জ্বল নীলা পাথৰ) আদি খটুৱাই জয়পুৰ আৰু যোধপুৰত ধুনীয়া অলংকাৰ তৈয়াৰ কৰা হয়। সম্প্ৰতি ৰাজস্থানী ‘কুণ্ডন’ৰ অলংকাৰে গোটেই পৃথিৱীতে বজাৰ দখল কৰিছে। এটা বিশেষ শৈলীৰ মীনা কৰা (The ‘Meenakari’ is the art of enameling on gold and silver), বাখৰ পতা আৰু মণি গঁথা অলংকাৰবোৰ দেশী-বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণ। গহনাৰ এই শৈলী ৰাজস্থানৰ নিজস্ব বৈশিষ্ট্য। ৰাজস্থানৰ বান্ধনী নক্সা (tie edge fabrics,tie and dye fabrics) আৰু কুণ্ড ছাপৰ (Block printed) শাৰী, ছেলোৱাৰ, কামিজ, ঘাগৰ-কাঞ্চলি, ওৰণা আৰু বিছনা চাদৰ ভাৰতবৰ্ষৰ সকলোতে জনপ্ৰিয়। অৱ্শ্যে এই শৈলীত কেঁচা ৰং ব্যৱহাৰ কৰা হয় বাবে ৰংবোৰ স্থায়ী নহয়। উৎকৃষ্ট বান্ধনীৰ কাম হয় যোধপুৰত। আনহাতে এই ভূমিত উৎপাদিত অতিকে পাতল ওজনৰ কোটা শাৰী ভাৰতবৰ্ষৰ সকলোতে জনপ্ৰিয়। ৰাজস্থানী মহিলাৰ বেজিসূতাৰ কামে সাত সাগৰৰ সিপাৰেও সমাদৰ লাভ কৰিছে। বিভিন্ন ধৰণৰ মণি, মাইকা, কড়ি, চুমকি আদি লগাই কৰা মোনা (Vanity bag, Purse etc.), শাৰী, স্কাৰ্ট আদিৰ উপৰিও শৃংখল চিলাই, কাঁথা সীয়া চিলাই আদিৰে কৰা গাৰু গিলিপ (Pillow cover) দলিচা, ছোফা ঢকা, মেজ ঢকা, ৱাল হেঙিং (বেৰ সজাবলৈ ওলমোৱা ডাঙৰ কাপোৰ) আদি পৰ্যটকৰ আকৰ্ষণৰ বস্তু। মেজ ঢকা, ৱাল হেঙিং আদিৰ ফুলৰ চানেকিত হাতী আৰু গণেশৰ প্ৰাধান্য বেছি দেখা যায়। আনহাতে দলিচা, কুশ্যন (Cushion) আদিত Applique, Patch work আদি জ্যামিতিক আৰ্হিৰ প্ৰাধান্য দেখা যায়। ৰাজস্থানী হস্থশিল্পবোৰৰ ভিতৰত চিত্ৰকৰ্ম অন্যতম। | |
e2a6cf190d0d6cf3ba4c6dc60867dcea580946fc22d86b915d2027790b9123df | ৰাণী কৰ্ণৱতীৰ ৰাখীত অভিভূত হৈ হুমায়ুনে চিতোৰ ৰক্ষাৰ অৰ্থে তেওঁৰ সৈন্য প্ৰেৰণ কৰে। হুমায়ুনৰ সৈন্যয়ে চিতোৰ ৰক্ষা কৰি দিয়ে। মহামতি আলেকজেণ্ডাৰ আৰু পুৰু ৰজাএটা কিংবদন্তী অনুযায়ী, ৩২৬ খ্ৰীষ্টপূৰ্বত মহামতি আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিলে। আলেকজেণ্ডাৰৰ স্ত্ৰীয়ে পুৰু ৰজালৈ এডাল সূতা পঠিয়ায় আৰু তেওঁক অনুৰোধ জনায় যে আলেকজেণ্ডাৰৰ যেন ক্ষতি নকৰে। আৰু পুৰু ৰজাই হাতত বন্ধা ৰাখী ডালক সন্মান কৰি আলেকজেণ্ডাৰক জীৱন দান দিলে। কোনো কোনো লোকৰ বিশ্বাস যে তেতিয়াৰ পৰাই এই প্ৰথা প্ৰচলনহৈ আহিছে। ভাৰত চৰকাৰৰ ডাক বিভাগৰ দ্বাৰা ১০ টকাৰ এটা আকৰ্ষণীয় লেফাফা বিক্ৰী কৰা হয়। লেফাফাটোৰ মূল্য ৫ টকা আৰু ৰাখীডালৰ মূল্য ৫ টকা। ৰাখী উৎসৱত ভনীয়েকে নিজৰ ককায়েকলৈ ৫ টকাতেই ৫০ গ্ৰামলৈকে ওজনৰ ৰাখী পঠিয়াব পৰে। এই সুবিধাটো মাত্ৰ ৰাখী বন্ধনৰ সময়তহে উপলব্ধ। ২০০৭ চনৰ পৰা বৰষুণৰ বতৰত লেফাফাটো বেয়া নহ'বৰ কাৰণে ৱাটাৰপ্ৰুফ লেফাফাৰ ব্যৱস্থা কৰা হৈছে। ৰাখী বন্ধনৰ সময়ত ৰাখী সোনকালে আদান প্ৰদানত বিশেষ কিছু পদ্ধতিও ব্যৱহাৰ কৰা দেখা যায়। কোনো কোনো ডাঙৰ ডাকঘৰত ৰাখী পঠিয়াবলৈ বেলেগকৈ অন্য বাকচ লগাই দিয়া দেখা যায়। আধুনিক সমাজ ব্যৱস্থাৰ প্ৰভাৱ ৰাখীৰ এই পবিত্ৰ অনুষ্ঠানতো পৰিছে। বহু ভাৰতীয়ই আজিকালি বিদেশত বসবাস কৰে। | |
0905ce0d53fc1e0f617d3bfecb0440181dd6241a4f04d57e85b22187b920e487 | ৰামচন্দ্ৰ গুহৰ মতে গান্ধী আৰু আম্বেদকাৰৰ কৰ্মই পৰিপূৰকৰ কাম কৰিছিল। গান্ধীয়ে প্ৰায়েই আম্বেদকাৰৰ প্ৰশংসা কৰিছিল। ১৯৩৪ চনৰ গ্ৰীষ্ম কালত গান্ধীৰ জীৱনৰ ওপৰত তিনিটাকৈ আক্ৰমণ হৈছিল। ১৯৩৪ চনত গান্ধীয়ে কংগ্ৰেছৰ সদস্যপদ ইস্তাফা দিয়ে। মোহনদাস গান্ধী কংগ্ৰেছৰ দলীয় নীতিৰ বিৰোধী হৈ এই ইস্তাফা দিয়া নাছিল। তেওঁ বিশ্বাস কৰিছিল যে তেখেতে অৱসৰ ল'লে কংগ্ৰেছৰ সদস্যৰ সংখ্যা বাঢ়িব, কাৰণ তেখেতৰ নীতিয়ে বহুতকে কংগ্ৰেছৰপৰা আঁতৰত ৰাখিছিল। এইসকলৰ ভিতৰত কমিউনিষ্ট, সমাজবাদী (socialist), ট্ৰেড-ইউনিয়ন, ধৰ্মীয় গোড়া সংস্থান, আৰু ব্যৱসায়ীসকল আছিল। তেখেতে এইসকল আহি নিজৰ বক্তব্য কংগ্ৰেছৰ মঞ্চতে দাঙি ধৰাটো বিচাৰিছিল। 'ৰাজ' ব্যৱস্থাত অংশ লোৱাৰ বাবে সাময়িক অনুমোদন জনোৱা কংগ্ৰেছ দলে 'ৰাজ'ৰ অনুমোদনৰ বাবে তেখেতকো হেঁচা দিয়াটো গান্ধীয়ে বিচৰা নাছিল। জৱাহৰলাল নেহৰুৰ সভাপতিত্বত ১৯৩৬ চনত লক্ষ্ণৌত অনুষ্ঠিত কংগ্ৰেছ অধিবেশনত গান্ধীয়ে আকৌ সক্ৰিয় ৰাজনীতিত অংশ গ্ৰহণ কৰে। ভাৰতৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে গুণা-গঁথা কৰি থকাৰ সলনি গান্ধীয়ে পূৰ্ণ স্বাধীনতাৰ বাবে কাৰ্য্যসূচী লোৱাৰ পোষকতা কৰিছিল, কিন্তু তেখেতে কংগ্ৰেছে সমাজবাদক নিজৰ লক্ষ্য হিচাপে গ্ৰহণ কৰাত আপত্তি কৰা নাছিল। ১৯৩৮ চনত কংগ্ৰেছৰ সভাপতিৰ পদত অধিষ্ঠিত হোৱা সুভাষ চন্দ্ৰ বসুৰ লগত গান্ধীৰ মতানৈক্য ঘটিছিল। সুভাষ বসুৱে অহিংস প্ৰতিবাদৰ নীতিত বিশ্বাস ৰখা নাছিল। মহাত্মা গান্ধীয়ে সমৰ্থন নকৰিলেও সুভাষ চন্দ্ৰ বসু দ্বিতীয় বাৰৰ বাবেও কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়। মহাত্মা গান্ধীৰ সমৰ্থিত প্ৰাৰ্থী পট্টভি সীতাৰামায়া সুভাষ বসুৰ হাতত পৰাজিত হয়। কিন্তু গান্ধীৰ নীতি অমান্য কৰাৰ বাবে কংগ্ৰেছ দলৰ নেতাসকলে সুভাষ বসুৰ বিৰোধিতা কৰি সদস্য পদৰপৰা ইস্তাফা দিয়ে। এই প্ৰতিবাদৰ ফলস্বৰূপে সুভাষ চন্দ্ৰ বসুৱে পদত্যাগ কৰে। পট্টভি সীতাৰামায়াৰ পৰাজয় গান্ধীয়ে নিজৰ পৰাজয় বুলি উল্লেখ কৰে। ১৯৩৯ চনত আৰম্ভ হোৱা দ্বিতীয় বিশ্বযুদ্ধত মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ প্ৰতি প্ৰথমে "অহিংস নৈতিক সমৰ্থন" আগবঢ়াইছিল। কিন্তু কংগ্ৰেছৰ অন্যান্য নেতাসকলে ব্ৰিটিছসকলে নিজাববীয়াকৈ ভাৰতকো বিশ্বযুদ্ধৰ অংশীদাৰ কৰাত আপত্তি কৰিছিল। কাৰণ ব্ৰিটিছে ভাৰতৰ প্ৰতিনিধিৰ মতামত অবিহনেই ভাৰতক বিশ্বযুদ্ধৰ অংশীদাৰ কৰিছিল। ইয়াৰ প্ৰতিবাদত সকলো কংগ্ৰেছ নেতাই বিধায়িনী সদস্য পদৰপৰা ইস্তাফা দিয়ে। দীঘলীয়া মন্থনৰ পাছত গান্ধীয়ে ঘোষণা কৰে যে ভাৰত এই যুদ্ধৰ অংশীদাৰ হ'ব নোৱাৰে, কাৰণ জাতীয় স্বাধীনতা অক্ষুণ্ণ ৰখাৰ বাবে হোৱা এই বিশ্বযুদ্ধত লিপ্ত ইংলেণ্ডে ভাৰতৰ স্বাধীনতাৰ দাবী মানি লোৱা নাই। যুদ্ধ আগবঢ়াৰ লগে লগে গান্ধীয়ে স্বাধীনতাৰ দাবীও প্ৰবল কৰি তোলে আৰু ব্ৰিটিছে "ভাৰত ত্যাগ" কৰিব লাগিব বুলি গোৱালিয়া পুখুৰী মৈদানত অনুষ্ঠিত এখন সভাত ঘোষণা কৰে। ভাৰত ত্যাগ আন্দোলন কংগ্ৰেছ দল আৰু মহাত্মা গান্ধীৰ চূড়ান্ত আন্দোলন আছিল য'ত ভাৰতৰপৰা ব্ৰিটিছক সম্পূৰ্ণৰূপে খেদি পঠিওৱাৰ আহ্বান জনোৱা হৈছিল। কংগ্ৰেছ দলৰ বাহিৰত আৰু ভিতৰতো গান্ধীয়ে যুদ্ধৰ প্ৰতি লোৱা স্থিতিক বহুতে সমালোচনা কৰিছিল। কিছু সংখ্যকে বিশ্বাস কৰিছিল যে নাজী জাৰ্মানীৰ বিৰূদ্ধে ব্ৰিটিছক সমৰ্থন নিদিয়াটো নৈতিক ভাৱে উচিত নাছিল। আন কিছুমানে আকৌ বিশ্বযুদ্ধত ব্ৰিটিছক সমৰ্থন নিদিয়াৰ ক্ষেত্ৰত গান্ধীয়ে শক্তিশালী আৰু নিৰ্দিষ্ট মনোভাৱ প্ৰকাশ কৰা নাছিল বুলি আপত্তি কৰিছিল। আনফালে ইংলেণ্ডে এই নাজীবাদৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱাৰ সময়তে ভাৰতৰ স্বাধীনতাৰ দাবী প্ৰত্যাখান কৰিছিল। এনে অৱস্থাতে ভাৰত ত্যাগ আন্দোলন তীব্ৰ হৈ উঠে, বহুতো লোকক গ্ৰপ্তাৰ কৰা হয় আৰু ঠায়ে ঠায়ে হিংসাত্মক কাৰ্যকলাপ সংঘটিত হয়। ১৯৪২ চনত গান্ধীয়ে অহিংস আন্দোলনৰ পোষকতা কৰিও মন্তব্য দিয়ে যে টুকুৰা-টুকুৰ ভাৱে সংঘটিত হিংসাত্মক কাৰ্যকলাপে আন্দোলনটোক স্থবিৰ কৰি নোতোলে, প্ৰকৃত অৰাজকতাতকৈ ব্ৰিটিছ প্ৰশাসনে সৃষ্টি কৰা 'নিয়মাধীন অৰাজকতা' (ordered anarchy) বেছি ভয়াবহ। ("ordered anarchy" of "the present system of administration" was "worse than real anarchy.") ইয়াৰ পাছতেই গান্ধীয়ে সকলো কংগ্ৰছকৰ্মী আৰু ভাৰতীয়ক পূৰ্ণ স্বাধীনতাৰ দাবীত অহিংস পন্থা অৱলম্বন কৰি 'কৰো য়া মৰোঁ' নীতিৰে আগবাঢ়িবলৈ আহ্বান জনায়। ১৯৪২ চনৰ ৯ আগষ্টত গান্ধী সমন্বিতে কংগ্ৰছৰ কৰ্মী সংস্থাৰ (Congress Working Committee) সকলো সদস্যকে গ্ৰেপ্তাৰ কৰা হয়। পুনাৰ আগা খান মহল গান্ধীক ২ বছৰৰ বাবে বন্দী কৰি ৰখা হয়। এই বন্দী কালতেই গান্ধীৰ ৫০ বছৰৰ সচিব মহাদেৱ দেশাইৰ মৃত্যু হয়। বন্দী দশাৰ ১৮ মাহ পাছত ১৯৪৪ চনৰ ২২ ফেব্ৰুৱাৰীত মহাত্মা গান্ধীৰ পত্নী কস্তুৰবা গান্ধীৰো মৃত্যু হয়। ইয়াৰ ছমাহ পাছত গান্ধীয়ে মেলেৰিয়া জ্বৰত ভোগে। বিশ্বযুদ্ধ শেষ হোৱাৰ আগেয়েই ১৯৪৪ চনৰ ৬ মেত স্বাস্থ্যজনিত কাৰণত তেখেতক মুক্ত কৰি দিয়া হয়। ব্ৰিটিছ ৰাজে কাৰাবন্দী হৈ থকা কালতে গান্ধীৰ মৃত্যু হোৱাটো বিচৰা নাছিল। জেলৰপৰা ওলাই গান্ধীয়ে ভাৰতৰ ৰাজনীতিত এক ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পায়। কিছু বছৰৰ আগলৈ প্ৰভাৱহীন হৈ থকা সদৌ ভাৰত মুছলীম লীগ এক শক্তিশালী ৰাজনৈতিক হিচাপে পৰিগণিত হয়; লগতে মুছলীয় লীগৰ নেতা মহম্মদ আলি জিন্নাই তোলা 'পাকিস্তানৰ দাবী' ভাৰতৰ ৰাজনীতিৰ এক কেন্দ্ৰবিন্দু হৈ পৰে। ১৯৪৪ চনত মুম্বাইত গান্ধীয়ে জিন্নাৰ সৈতে আলোচনা কৰে, কিন্তু জিন্নাই গান্ধীয়ে জনোৱা আহ্বান আওকাণ কৰে কাৰণ আলোচনাত স্বাধীন পাকিস্তানৰ দাবী আলোচনা কৰা হোৱা নাছিল। মুছলিম সংখ্যাগৰিষ্ঠ প্ৰদেশ সমূহে গঠিত হ'বলৈ যোৱা ভাৰতৰ অংশ হোৱাৰ পৰা আঁতৰি থকাৰ অধিকাৰ পোৱাটো জিন্নাই বিচাৰিছিল। কংগ্ৰেছৰ নেতাসকল জেলত বন্দী হৈ থকাৰ সময়ত অন্যান্য দলসমূহে বিশ্বযুদ্ধৰ প্ৰতি সমৰ্থন আগবঢ়ায় আৰু অধিক সংগঠিত হয়। ক্ষুদ্ৰ ৰাজনৈতিক নেতাসকলে কংগ্ৰেছ নেতাসকলৰ অনুপস্থিতিত মুখ্য ভূমিকা লৈছিল যদিও সমগ্ৰ পৰিস্থিতৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা তেওঁলোকৰ নাছিল। বিশ্বযুদ্ধৰ পাছতেই ইংৰাজে চৰকাৰে ভাৰতৰ শাসনভাৰ ভাৰতীয়লৈ হস্তান্তৰিত কৰাৰ সপক্ষে মত দিয়ে। ইয়াৰ ভিত্তিত গান্ধীয়ে সংগ্ৰাম সমাপ্ত হোৱাৰ কথা ঘোষণা কৰে। কংগ্ৰেছৰ নেতা সমন্বিতে প্ৰায় ১,০০,০০০ ৰাজনৈতিক বন্দীক মুকলি কৰি দিয়া হয়। দেশ বিভাজনৰ নীতিৰ প্ৰতি মহাত্মা গান্ধীয়ে বিৰোধিতা কৰিছিল কাৰণ ই তেখেতে বিচৰা ধৰ্মীয় অখণ্ডতাৰ দৰ্শনৰ বিপৰীত আছিল। মহাত্মা গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে ব্ৰিটিছৰ ভাৰত ত্যাগৰ বাবে দাবী তুলি আন্দোলন কৰা কালতে মুছলীম লীগে ১৯৪৩ চনত ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰি ভাৰত ত্যাগ কৰাৰ বাবে দাবী তোলে। মহাত্মা গান্ধীয়ে মধ্যৱৰ্তী পথ এটা সৃষ্টি কৰি কংগ্ৰেছ আৰু মুছলীম লীগক সংঘবদ্ধ হৈ এখন সাময়িক চৰকাৰ গঠন কৰাৰ বাবে প্ৰস্তাৱ দিয়ে। চৰকাৰখনে পাছত মুছলীম সংখ্যাগৰিষ্ঠ জিলাসমূহত গণভোটৰ দ্বাৰা বিভাজন সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত ল'ব। জিন্নাই ১৬ আগষ্ট ১৯৪৬ চনত 'প্ৰত্যক্ষ সংগ্ৰাম দিৱস' (Direct Action Day) আহ্বান কৰি সৃষ্টি কৰা সাম্পৰ্দায়িক সংঘৰ্ষ দেখি গান্ধী বিমৰ্ষ হৈ পৰে আৰু সংঘৰ্ষ ৰোধ কৰিবলৈ ব্যক্তিগত ভাৱে সংঘৰ্ষপীড়িত অঞ্চলসমূ্হ ভ্ৰমণ কৰে। ভাৰতীয় হিন্দু, মুছলমান আৰু খ্ৰীষ্টিয়ান সকলৰ মাজত সম্প্ৰীতি অনাৰ বাবে লগতে অস্পৃশ্যসকলক হিন্দু সমাজৰ অন্তৰ্গত কৰিবলৈ গান্ধীয়ে অহোপুৰুষাৰ্থ কৰিছিল। ১৯৪৭ চনৰ ১৪ আৰু ১৫ আগষ্টত 'ভাৰতীয় স্বাধীনতা আইন' প্ৰনয়ন কৰা হয়। ইয়াৰ লগে লগে সীমান্ত অঞ্চলৰ ১-১.২ কোটি জনসাধাৰণ এফালৰপৰা আনফাললৈ প্ৰব্ৰজন কৰে। ইয়াৰ লগতে সংঘটিত হোৱা হিন্দু, মুছলমান আৰু শিখ ধৰ্মাৱলম্বী মানুহৰ মাজত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত প্ৰায় আধা নিযুত লোকৰ প্ৰাণহানি হয়। | |
0f4e1a6d250143bf3f362e36de711daaf627ec7775de55711e739957c0ba11fb | ‘গণপতি’ৰ প্ৰথম উল্লেখ পোৱা যায় প্ৰাচীনতম হিন্দু ধৰ্মগ্ৰন্থ ঋগ্বেদত। দুটি ঋক মন্ত্ৰত ‘গণানাম গণপতিম হবামহে...’ আৰু ‘বিষু সীদা গণপতে...’ বাক্যাংশসমূহে বৈদিক গণপতিৰ এটা ধাৰণা দিয়ে। যদিও এই গণপতি অৰু বৰ্তমান কালত পূজ্য পৌৰাণিক গণপতি একে নহয়। তথাপি এইকথা অনেকেই স্বীকাৰ কৰে যে বেদোত্তৰ যুগত ঋষিসকলৰ ‘গণপতি-ব্ৰহ্মণস্পতি’ৰ পৰাই পৌৰাণিক ‘গজবদন-গণেশ-বিঘ্নেশ্বৰ’-ৰ ধাৰণাটি বিবৰ্তিত হৈছে। ঋগ্বৈদিক গণপতিৰ আন এক নাম আছিল 'বৃহস্পতি' বা 'বাচস্পতি'। তেওঁ জ্যোতিৰ্ময় দেৱতা। তেখেতৰ গাৰ বৰণ ৰক্তিমাভ-স্বৰ্ণালি। অঙ্কুশ বা কুঠাৰ তেখেতৰ অস্ত্ৰ। তেখেতৰ আৰ্শীবাদ অবিহনে কোনো ধৰ্মীয় সিদ্ধি সম্ভব নহয় বুলি ধৰা হৈছিল। তেওঁ সৰ্বদা ‘গণ’ নামৰ এটা নৃত্যগীতকাৰী দলৰ লগত বিৰাজমান আছিল আৰু দেৱতা সকলৰ ৰক্ষকৰূপে কল্পিত হৈছিল। অন্যমতে, ভাৰতৰ আদিম অধিবাসীসকলৰ পূজিত হস্তীদেৱতা আৰু লম্বোদৰ যক্ষৰ মিশ্ৰণত গণেশৰ কল্পনাৰ উদ্ভব। অথবা এনেকুৱাও হ’ব পাৰে যে গণেশ সম্পূৰ্ণ অনাৰ্য দেৱতা , পাছত যাৰ আৰ্যীকৰণ ঘটে। |