source_url
stringlengths
202
245
target_url
stringlengths
202
245
text
stringlengths
169
36.1k
summary
stringlengths
26
293
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%AC-%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%9A%E0%A6%A4-%E0%A6%9A%E0%A6%BF%E0%A6%86%E0%A6%87%E0%A6%9A%E0%A6%BF%E0%A7%B0-%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%9A%E0%A7%8C%E0%A6%B9/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%AC-%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%9A%E0%A6%A4-%E0%A6%9A%E0%A6%BF%E0%A6%86%E0%A6%87%E0%A6%9A%E0%A6%BF%E0%A7%B0-%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%9A%E0%A7%8C%E0%A6%B9/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ মুনিৰ্কাত কাইলৈ কেন্দ্ৰীয় তথ্য আয়োগ(চিআইচি)ৰ নতুন চৌহদৰ শুভাৰম্ভ কৰিব। এই নতুন ভৱনটোত আয়োগে একেটা স্থানৰ পৰাই সকলো কাম-কাজ সম্পাদন কৰিব পাৰিব। পূৰ্বতে দুটা ভাড়াঘৰৰ পৰা ইয়াৰ কাম চলিছিল। চিআইচিৰ নতুন অত্যাধূনিক ভৱনটো ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ নিগমে নিৰ্দিষ্ট সময়সীমাৰ পূৰ্বেই সম্পূৰ্ণ কৰে। পাঁচমহলীয়া গৃহটোত কেন্দ্ৰীয় তথ্য আয়োগৰ হিয়েৰিং কোঠাসমূহ অত্যাধূনিক ৰূপত তথ্য-প্ৰযুক্তি তথা ভিডিঅ’ কনফাৰেন্সিঙৰো সু-ব্যৱস্থাসম্পন্ন কৰা হৈছে। চিআইচি হৈছে তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰ অধীনত স্থাপন কৰা সৰ্বোচ্চ আপীল নিকায়।
৬ মাৰ্চত চিআইচিৰ নতুন চৌহদ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%A3%E0%A6%B8%E0%A7%80%E0%A6%A4-%E0%A6%85%E0%A6%96%E0%A6%BF%E0%A6%B2-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%B6%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%A3%E0%A6%B8%E0%A7%80%E0%A6%A4-%E0%A6%85%E0%A6%96%E0%A6%BF%E0%A6%B2-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%B6%E0%A6%BF/
এই সন্মিলনত অংশগ্ৰহণ কৰা উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল, জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, মোৰ কেবিনেট সতীৰ্থ ধৰ্মেন্দ্ৰ প্ৰধান জী, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ খচৰা প্ৰণয়ন কমিটিৰ অধ্যক্ষ কে. কস্তুৰীৰংগন জী, চৰকাৰৰ আন-আন মন্ত্ৰী, সকলো উপাচাৰ্য্য, শিক্ষানুষ্ঠানসমূহৰ সঞ্চালক, শিক্ষক আৰু শিক্ষাবিদ তথা ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল, স্বাধীনতাৰ পূৰ্বেই দেশখনৰ এখনি গুৰুত্বপূৰ্ণ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱা এই পবিত্ৰ ভূমিত ‘অখিল ভাৰতীয় শিক্ষা সমাগম’ ৰ আয়োজন কৰা হৈছে। দেশখনে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰাৰ শুভ লগনতে এই সন্মিলন অনুষ্ঠিত হৈছে। ‘অমৃত কাল’ ৰ সময়ত দেশখনৰ বিশিষ্ট সংকল্পৰাজি পৰিপূৰণৰ মহান দায়িত্ব আমাৰ শিক্ষা ব্যৱস্থাৰ ওপৰত, আমাৰ নৱপ্ৰজন্মৰ ওপৰত আছে। উপনিষদতো লিখা আছে এইবুলি, विद्यया अमृतम् अश्नुते অৰ্থাৎ জ্ঞানে অমৰত্ব আৰু অমৃতৰ সঞ্চাৰ কৰে। কাশীক পৰিত্ৰাণৰ নগৰ বুলিও কোৱা হয় কাৰণ মুক্তিৰ একমাত্ৰ পথেই হৈছে জ্ঞান। গতিকে কাশীৰ জ্ঞানৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰটোত শিক্ষা আৰু গৱেষণা, শিক্ষণ আৰু বুজাবুজিৰ এনে মহান মন্থন ঘটা মাত্ৰেকে, ইয়াৰপৰা নিসৃত অমৃতে নিশ্চিতভাৱে দেশখনক এক নতুন দিশ প্ৰদান কৰিব। এই উপলক্ষে মই মহামান্য (মদন মোহন) মালব্য জীৰ শ্ৰীচৰণত প্ৰণাম জনোৱাৰ লগতে এই অনুষ্ঠানৰ বাবে আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিলো। মই কাশীৰ সাংসদ। আপুনি কাশীলৈ অহাৰ পৰিপ্ৰেক্ষিতত এক প্ৰকাৰে ময়ো আপোনালোকৰ সেৱকী। আপোনালোক মোৰো অতিথি। মই নিশ্চিত যে আপোনালোক বহু সমস্যাৰ সন্মুখীন নহ’ব কিয়নো সকলোৱে নিশ্চয় উন্নত ব্যৱস্থা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। তথাপিও যদি কিবা অভাৱ হয়, তেন্তে দোষটো মোৰেই হ’ব। আৰু গৃহস্থ হিচাপে সম্ভাৱ্য অসুবিধাৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰিছো। বন্ধুসকল, এটি কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি মই ইয়ালৈ আহিছো। সেই কাৰ্য্যসূচীত মধ্যাহ্ন ভোজনৰ বাবে এটা কেন্দ্ৰীয় পাকঘৰ উদ্বোধন কৰা হয় আৰু কাশীৰ চৰকাৰী বিদ্যালয়সমূহৰ ১০-১২ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময়ৰ সুযোগ পাইছিলো। তেওঁলোকে কোৱা কথাখিনি আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছো। তদুপৰি, অহাবাৰ তালৈ গ’লে আজি লগ পোৱা ছাত্র-ছাত্রীসকলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰেও মিলিত হ’ব খুজিছো। আপোনালোকে নিশ্চয় ভাবিছে যে কিয় মোৰ মনলৈ এই চিন্তা আহিল! তেওঁলোকৰ সৈতে কটাবলৈ মোৰ হাতত মাত্ৰ ১০-১৫ মিনিট সময় আছিল, কিন্তু অতি সাধাৰণ পৰিবেশৰ চৰকাৰী বিদ্যালয় এখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত থকা প্ৰতিভা, আত্মবিশ্বাস আৰু বৈচিত্ৰ্যই মোৰ মনত এক স্থায়ী ছাপ পেলালে। তেওঁলোকৰ প্ৰতিভা এনেকুৱা যে আপোনালোকৰ নাতি-নাতিনীৰো যদি এনে প্ৰতিভা আছে, তেন্তে কোনো অতিথি ঘৰলৈ আহিলে সেই প্ৰতিভা প্ৰদৰ্শন কৰিবা বুলি আপোনালোকেও তেওঁক ক’বই। মই ক’ব বিচাৰিছো বৰ্তমান প্ৰজন্মৰ এই সম্ভাৱনা আৰু সামৰ্থ্যই তেওঁলোকক সেই স্থানলৈ লৈ যাব যিসমূহ আপোনালোকে এতিয়া ধাৰণ কৰি আছে। তেতিয়ালৈকে আপোনালোক তাত নাথাকিব পাৰ অথচ আপোনাসৱে সৃষ্টি কৰা প্ৰতিষ্ঠানসমূহে আগন্তুক সময়ত এনে প্ৰতিভাৱান শিশুসকলক আদৰি ল’ব। তাত তেওঁলোকে যাতে কোনো কামৰপৰা বঞ্চিত হ’বলগীয়া নহয়, তাৰ বাবে আপোনালোকৰ এটা বৃহৎ দায়িত্ব আছে। মই নিশ্চিত যে ইয়াত অহা তিনিদিনে হ’বলগীয়া আলোচনাই ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ ক্ষেত্ৰত এক ফলপ্ৰসূ দিক নিৰ্দেশনা প্ৰদান কৰিব। বন্ধুসকল, আপোনাসৱ অৱগত যে সংকীৰ্ণ চিন্তাধাৰাৰপৰা শিক্ষাক উলিয়াই আনি একবিংশ শতিকাৰ আধুনিক ধাৰণাসমূহৰ সৈতে একত্ৰিত কৰাই হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মূল ভিত্তি। আমাৰ দেশখনত কেতিয়াও বুদ্ধি আৰু প্ৰতিভাৰ অভাৱ হোৱা নাই। কিন্তু, দুৰ্ভাগ্যজনকভাৱে আমি এনে এক ব্যৱস্থাহে উত্তৰাধিকাৰী সূত্ৰে পাইছিলো য’ত শিক্ষাৰ অৰ্থ আছিল কেৱল চাকৰি লাভ নিশ্চিত কৰা। তেওঁলোকৰ শাসন কালত ইংৰাজে এই শিক্ষা প্ৰণালীৰ ব্যৱস্থা কৰি নিজৰ বাবে এটা চাকৰ শ্ৰেণী সাজু কৰি নিজৰ প্ৰয়োজন পূৰণ কৰিছিল। স্বাধীনতাৰ পিছতো ইয়াৰ সৰু-সৰু পৰিৱৰ্তন সাধন হ’লেও বহুখিনি অপৰিৱৰ্তিত হৈয়ে থাকিল। ব্ৰিটিছে সৃষ্টি কৰা ব্যৱস্থাটো কেতিয়াও ভাৰতীয় নীতি-নিয়মৰ অংশ নাছিল আৰু হ’ব নোৱাৰেও। আমি আমাৰ দেশখনৰ প্ৰাচীন সময়লৈ চালে দেখিম যে শিক্ষাৰ ক্ষেত্ৰত আমাৰ হাতত বিভিন্ন কলাৰ ধাৰণা আছিল। আৰু বেনাৰস ইয়াৰ এক জীৱন্ত উদাহৰণ। কেৱল উৎকৃষ্ট গুৰুকুল আৰু শিক্ষানুষ্ঠান থকাৰ বাবেই নহয়, বৰঞ্চ বেনাৰস জ্ঞানৰেই কেন্দ্ৰ আছিল। বেনাৰস জ্ঞানৰ কেন্দ্ৰ আছিল কাৰণ ইয়াত জ্ঞান আৰু শিক্ষা বহুমাত্ৰিক আৰু বহুখণ্ডীয় আছিল। শিক্ষাৰ এই বৈচিত্ৰ্য আমাৰ শিক্ষা ব্যৱস্থাটোৰ বাবেও প্ৰেৰণাৰ উৎস হ’ব লাগে। আমি কেৱল ডিগ্ৰীধাৰী যুৱক-যুৱতী সাজু কৰাই নহয়, বৰঞ্চ এনে এক শিক্ষা ব্যৱস্থা প্ৰস্তুত কৰা উচিত যিয়ে দেশখনক আগুৱাই যাবলৈ প্ৰয়োজনীয় মানৱ সম্পদৰ যোগান ধৰিব পাৰে। এই সংকল্পত আমাৰ শিক্ষকসকল আৰু শিক্ষানুষ্ঠানসমূহে আগভাগ লোৱা উচিত। আমাৰ শিক্ষকসকলে যিমান ক্ষীপ্ৰতাৰে এই মনোভাৱ গ্ৰহণ কৰিব, সিমানেই যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব আৰু দেশখন ভৱিষ্যতেও লাভান্বিত হ’ব। বন্ধুসকল, নতুন ব্যৱস্থাৰ সৃষ্টি, আধুনিক ব্যৱস্থাৰ অন্তৰ্ভুক্তি নব্য ভাৰতৰ বাবেও সমানেই গুৰুত্বপূৰ্ণ। যিটো আগতে কেতিয়াও হোৱা নাই আৰু দেশখনে যিবোৰ লক্ষ্যত উপনীত হ’বলৈ কল্পনাও কৰা নাছিল, সেইসমূহেই আচলতে আজিৰ ভাৰতত বাস্তৱায়িত হৈছে। এতিয়া আপোনালোকে দেখিছে, ক’ৰোনাৰ ইমান বৃহৎ মহামাৰীৰপৰা আমি ক্ষীপ্ৰতাৰে উদ্ধাৰ পোৱাই নহয়, বৰঞ্চ আজি ভাৰত বিশ্বৰ অন্যতম দ্ৰুত বিকশিত অৰ্থনীতি হৈ পৰিছে। আজি আমি বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্ট-আপ বাতাবৰণ হিচাপে আত্মপ্ৰকাশ কৰিছো। মহাকাশ প্ৰযুক্তিৰ দৰে যিবোৰ ক্ষেত্ৰ পূৰ্বে কেৱল চৰকাৰী ডমেইন আছিল, সেইসমূহ এতিয়া ব্যক্তিগত প্লেয়াৰসকলৰ বাবে মুকলি কৰি দিয়া হৈছে। এতিয়া যুৱক-যুৱতীসকলৰ বাবে এখন নতুন জগত গঢ়ি তোলা হৈছে আৰু এই গোটেই ক্ষেত্ৰটো তেওঁলোকৰ হাতৰ মুঠিতেই আছে বন্ধুসকল। আজি, পূর্বে দেশখনৰ কন্যাৰ বাবে নিষিদ্ধ হৈ থকা খণ্ডকেইটাত নিজৰ প্রতিভাৰে তেওঁলোকে দৃষ্টান্ত দাঙি ধৰিছে। বন্ধুসকল, দেশখনৰ মন আৰু গতি এনে হোৱা মাত্ৰেকে আমিও আমাৰ যুৱক-যুৱতীসকলৰ মনত নতুন শক্তিৰ বীজ সিঁচিব লাগিব যাতে ই তেওঁলোকৰ সপোনক ডেউকা প্ৰদান কৰিব পাৰে। এতিয়ালৈকে বিদ্যালয়, মহাবিদ্যালয়, পাঠ্যপুথিয়ে ল’ৰা-ছোৱালীহঁতৰ দিক নিৰ্ণয় কৰিছিল। কিন্তু এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণৰ পিছত যুৱক-যুৱতীসকলৰ দায়িত্ব অধিক বাঢ়িছে। আৰু ইয়াৰ লগে-লগে যুৱক-যুৱতীসকলৰ সপোন আৰু পৰিকল্পনাক নিৰন্তৰভাৱে উৎসাহিতকৰণেৰে তেওঁলোকৰ মন আৰু আকাংক্ষাৰাজি হৃদয়ংগমৰ দায়িত্বও বাঢ়িছে। তেতিয়াহে আমি তেওঁলোকক সাজু কৰিব পাৰিম। দেশখনৰ যুৱক-যুৱতীসকলক নিজৰ প্ৰতিভাক চিনি নোপোৱাকৈ আন বোজা দিয়াৰ দিনবোৰ উকলি গৈছে। আমি সদায়েই এটা কথা মনত ৰাখিব লাগিব যে আমি শিক্ষা, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু মানৱ সম্পদক বিকাশৰ প্ৰয়োজনীয়তা অনুযায়ী প্ৰস্তুত কৰিব লাগিব। নতুন শিক্ষা নীতিৰ কেন্দ্ৰবিন্দু হৈছে শিশুসকলক তেওঁলোকৰ প্ৰতিভা আৰু পছন্দ অনুসৰি দক্ষ কৰি তোলা। শিক্ষা নীতিখনিয়ে আমাৰ যুৱক-যুৱতীসকলক দক্ষ, আত্মবিশ্বাসী, ব্যৱহাৰিক কৰি তোলাৰ ৰূপৰেখা অংকন কৰিছে। বন্ধুসকল, দেশখনৰ দ্ৰুত পৰিৱৰ্তনৰাজিৰ মাজতে মই আপোনালোকক এটা উদাহৰণ দিব খুজিছো। ই শিক্ষা ব্যৱস্থা আৰু ইয়াৰে জড়িত সকলো মহান ব্যক্তিসকলৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ, সেই সম্পৰ্কে কৈছে। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ প্ৰাৰম্ভিক বৰ্ষসমূহৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব বিচাৰিছো। মুখ্যমন্ত্ৰী হোৱাৰ সময়ত মোৰ শাসন কাৰ্য্যৰ কোনো অভিজ্ঞতা নাছিল। এই দায়িত্ব হঠাতে আহিছিল। মই এটা ধাৰণা কৰিলো। মই মোৰ সকলো সচিবকে কৈছিলো যে তেওঁলোকেই নিজ-নিজ বিভাগৰ মুখ্যমন্ত্ৰী। মই তেওঁলোকক কৈছিলো যে অহা পাঁচ বছৰত তেওঁলোকে নিজৰ বিভাগবোৰ কেনেকৈ আৰু ক’লৈ লৈ যাব মোক বুজাই দিব লাগে। আপোনালোকৰ কৃতিত্ব কি হ’ব আৰু ইয়াৰদ্বাৰা গুজৰাটৰ সাধাৰণ জনতা কেনেদৰে উপকৃত হ’ব? মই তেওঁলোকক কৈছিলো যে তেওঁলোকে মোক তেওঁলোকৰ দৃষ্টিৰ বিশদ উপস্থাপন আগবঢ়াব লাগে। এই কথা মই সকলো বিভাগৰে সচিবসকলক কৈছিলো আৰু প্ৰতিদিনে সন্ধিয়া পাঁচ বজাত মোৰ মন্ত্ৰী পৰিষদৰ সকলো মন্ত্ৰী আৰু সচিবসকলে লগ কৰিছিল। এজন সচিবে তেওঁৰ সংশ্লিষ্ট বিভাগৰ বিশদ উপস্থাপন আগবঢ়াই আৰু সেই সম্পৰ্কে আলোচনা হৈছিল। সেই বৈঠকত সকলো সচিব উপস্থিত থাকিছিল। পূৰ্বে আলোচনা হৈছিল আৰু তাত আমাৰ মন্ত্ৰীসকলেও অংশগ্ৰহণ কৰিছিল। মই সেয়া শুনিছিলো আৰু শিকিবলৈ চেষ্টা কৰিছিলো। প্ৰায় এমাহ ধৰি চলিছিল এই কাৰ্য্যসূচী। সন্ধিয়া পাঁচ বজাৰপৰা আৰম্ভ হৈ নিশা ১০ বজালৈকে চলিছিল। এয়া অতিশয় মননশীল অনুষ্ঠান আছিল। সম্ভৱতঃ ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছিল। গতিকে এদিন উদ্যোগটোৰ সৈতে জড়িত এটা প্ৰেজেটেশ্যন আগবঢ়োৱা হৈছিল। তেওঁলোকে উদ্যোগসমূহ আৰু পৰৱৰ্তী কেইবছৰমানত তেওঁলোকৰ ঔদ্যোগিক বিকাশৰ ৰূপৰেখা সম্পৰ্কে সকলো কথা বিতংভাৱে কৈছিল। অনুষ্ঠান শেষ হোৱাৰ লগে-লগে শিক্ষা সচিবজন মোৰ ওচৰলৈ আহিছিল, কাৰণ তেওঁৰ পিছদিনা প্ৰেজেনটেশ্যন আগবঢ়োৱাৰ পাল পৰিছিল। তেওঁ মোক পিছদিনা প্ৰেজেনটেশ্যন আগবঢ়াব নোৱাৰিব বুলি কৈছিল। মই তেওঁক কাৰণটো সুধিছিলো কিয়নো এমাহ পূৰ্বেই তেওঁক তেওঁৰ প্ৰেজেনটেশ্যন আগবঢ়াবলৈ কোৱা হৈছিল আৰু তেওঁ শেষ মুহূৰ্তত প্ৰেজেনটেশ্যনটো দিয়াত অক্ষমতা প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে তেওঁ প্ৰস্তুত হৈ আছে আৰু উপস্থাপনটোও কৰিব পাৰিব যদিও ঔদ্যোগিক বিকাশৰ উপস্থাপন চোৱাৰ পিছত তেওঁ অনুভৱ কৰিছে যে ইয়াৰে শিক্ষাৰ প্ৰেজেনটেশ্যনটোৰ কোনো মিল নাই। তেওঁ কয় যে দুয়োটা বিভাগেই বিপৰীত দিশত অগ্ৰসৰ হৈছে। তেওঁ ঔদ্যোগিক বিকাশৰ ওপৰত উপস্থাপনৰে ৰজিতা খুৱাই নিজৰ উপস্থাপনৰ পৰিৱৰ্তন কৰিবলৈ সময় বিচাৰিছিল আৰু কয় যে তেতিয়াহে একাডেমী আৰু উদ্যোগ দুয়োটাই অন্তৰ্ভুক্তিমূলক বিকাশৰ দিশত কাম কৰিব পাৰিব। বিশ্বৰ আন-আন বিশ্ববিদ্যালয়সমূহ কোন দিশত আগবাঢ়িছে, সেই সম্পৰ্কেও আমি সচেতন হোৱা উচিত। আমাৰ দেশখনৰ মাত্ৰা কি? আমাৰ যুৱক-যুৱতীসকলে কি আশা কৰে? অহা ১৫-২০ বছৰলৈ ভাৰতৰ দায়িত্বত থকা যুৱক-যুৱতীসকলক মই কেনেকৈ প্ৰস্তুত কৰিছো। এয়া আমাৰ বিশাল দায়িত্ব বন্ধুসকল। আৰু একেটা ধাৰাতে আমাৰ সকলো শিক্ষানুষ্ঠানেও তেওঁলোক ভৱিষ্যতৰ বাবে সাজু হৈছে নে নাই, নিজকে প্ৰশ্ন কৰাটো প্ৰয়োজন। কেৱল পৰীক্ষা দি সমাৱৰ্তন অনুষ্ঠিত কৰাটো মোৰ কৰ্তব্য নে এনে এটা অনুষ্ঠান সৃষ্টি কৰিব লাগে য’ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে দেশখনৰ স্বাধীনতাৰ ১০০ বছৰ পূৰ্তিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব? আপোনালোক সকলোৱে বৰ্তমানৰ যত্ন লোৱাটো প্ৰয়োজন। আপোনালোকৰ পূৰ্বপুৰুষসকলৰ কাম-কাজক আগুৱাই নিব লাগিব। আৰু আজি কাম কৰি থকাসকলে ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব আৰু সেই অনুসৰি ব্যৱস্থা এটা গঢ়ি তুলিব লাগিব। পূৰ্বে কোৱাৰ দৰে আজি ছাত্ৰ-ছাত্ৰী কেইজনমানক লগ পাই তেওঁলোকৰ কৌতুহলবোৰ অনুভৱ কৰিলো। আপোনালোকেও নিশ্চয় আপোনালোকৰ ঘৰত একে অনুভৱ কৰে যেতিয়া আপোনাৰ সৰু-সৰু নাতি-নাতিনীয়ে আপোনাক প্ৰশ্ন কৰে। তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈয়ো অলপ সময় চিন্তা কৰিব লাগিব। কেতিয়াবা, আপুনি অনুভৱ কৰিব পাৰে যে তেওঁ আপোনালোকক আমনি কৰিছে। কিন্তু তেওঁ আপোনাক আমনি কৰা নাই। আচলতে আপুনি তেওঁক উত্তৰ দিবলৈহে অক্ষম। আপোনালোক সকলোৱে নিশ্চয় আপোনালোকৰ ঘৰত এই কথা অনুভৱ কৰে। আজিৰ প্ৰজন্মই গুগলৰ মাজেৰে গৈ বহু প্ৰশ্ন উত্থাপন কৰে। তেওঁলোকে আপোনাৰ জ্ঞানক লৈ প্ৰশ্ন উত্থাপন কৰে কাৰণ তেওঁলোকে গুগলে যি আগবঢ়াই, সেই অনুসাৰে আগবাঢ়ে। শিশুটিয়ে আপোনাক কাউন্টাৰ কৰে। ১০ বছৰৰ পিছত যদি এই শিশুসকল আপোনাৰ বিশ্ববিদ্যালয়লৈ আহে, তেন্তে আপোনাৰ কি হ’ব? আমি এতিয়াৰেপৰা নিজকে প্ৰস্তুত কৰিব লাগিব। ঘৰতো আপোনালোকে সন্তানৰ সৈতে এনে পৰিস্থিতিৰ সন্মুখীন হয়। নতুন চিন্তাৰে বিদ্যালয়-মহাবিদ্যালয়ত থাকিবলগীয়া নৱপ্ৰজন্মক খাপ খুৱাব নোৱাৰিলে ই এক ডাঙৰ অন্যায় হ’ব। ভৱিষ্যতক আমি বুজি পাই সেই অনুযায়ী ব্যৱস্থা গঢ়ি তোলাটো প্ৰয়োজনীয়। কেইদিনমান পূৰ্বে গান্ধীনগৰত ডিজিটেল ইণ্ডিয়া অভিযানটোৰ অধীনত আয়োজিত এখনি প্ৰদৰ্শনী চাবলৈ গৈছিলো। ইয়াত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছিল। দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকল আছিল। তেওঁলোকৰ প্ৰজেক্টসমূহ চাই আৰু চিন্তাৰ গভীৰতাত মই অভিভূত হৈছিলো। ইমান কম বয়সতে তেওঁলোকৰ গৱেষণাৰ সম্ভাৱনা আৰু তেওঁলোকৰ উদ্ভাৱন দেখি মই স্তম্ভিত হৈ পৰিছিলো। বহুতেই বাঅ’টেক আৰু জেনেটিক্সৰ প্ৰতি আগ্ৰহী আছিল। যি সময়ত তেওঁলোকক তেওঁলোকৰ শ্ৰেণীত বিজ্ঞানৰ মৌলিক কথাবোৰহে শিকোৱা হৈছিল, সেই সময়তে তেওঁলোকে জিন মেপিং, এফিনিটি ক্ৰ’মাট’গ্ৰাফী আৰু জেনেটিক লাইব্ৰেৰী ভিত্তিক আহিলাৰ কথা কৈছিল। কল্পনা কৰকচোন, কিমান বৃহৎ পাৰ্থক্য আছে। তেওঁলোকৰ কামবোৰলৈ চাই মই ভাবিছিলো যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ প্ৰতিষ্ঠানসমূহ তেওঁলোকৰ আধুনিক চিন্তাধাৰা অনুসৰি প্ৰস্তুত হ’ব নে? আমি এওঁলোকৰ উচ্চ শিক্ষা লাভৰ অপেক্ষা কৰি থকা মাত্ৰেকে বিশ্বখন বহু দূৰ আগুৱাই যাব বন্ধুসকল। সেয়ে আমি এতিয়াই পৰিকল্পনা কৰি তেওঁলোকক অনুপ্ৰাণিত কৰিবলৈ, এই বয়সতে দিক-নিৰ্দেশনা আৰু সমল প্ৰদান কৰিব লাগিব। আমি আমাৰ প্ৰতিষ্ঠানসমূহত এনে ব্যৱস্থা গঢ়ি তোলা উচিত। বন্ধুসকল, ৰাষ্ট্ৰীয় শিক্ষানীতিখনিয়ে এই মাহৰ শেষলৈ অৰ্থাৎ ২৯ জুলাইত দুবছৰ সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে। এইমাত্ৰ ধৰ্মেন্দ্ৰ জীয়ে আমাক কৈছিল যে অলেখ চিন্তা-চৰ্চাৰ পিছত এই শিক্ষানীতি যুগুত কৰা হৈছে। কস্তুৰীৰংগন জীয়ে অতি ফলপ্ৰসূ নেতৃত্ব প্ৰদান কৰিছে আৰু তেওঁৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে। এনে এখনি বৈচিত্ৰ্যপূৰ্ণ দেশত ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণ কৰাটো এক বৃহৎ সাফল্য। অৱশ্যেই ই এক বৃহৎ সাফল্য। ইয়াৰ বিশেষত্বৰ আঁৰত আছে অলেখ চিন্তা-চৰ্চা। আমি প্ৰতি মুহূৰ্ততে এই ৰাষ্ট্ৰীয় শিক্ষা নীতিক উজ্জীৱিত কৰি ৰাখিছো। মই নিজেও অতি কম সময়ৰ ভিতৰতে অতিকমেও ২৫ খন আলোচনা চক্ৰত অংশগ্ৰহণ কৰিছো। মই ভাবো যে নিশ্চয় ২৫ খনৰো অধিক আলোচনা চক্ৰ হ’ব আৰু মই নিয়মিতভাৱে এই বিষয়ত বক্তৃতা প্ৰদান কৰি আহিছো। কস্তুৰীৰংগন জীয়ে নিজেই এই প্ৰতিবেদন দাখিলৰ পিছত সকলো স্তৰৰ লোকৰ সৈতে অহৰহ যোগাযোগ কৰি আছে। তেওঁ এই নীতিৰ স্পষ্টীকৰণ, দৃষ্টিভংগী আৰু সকলো পটভূমিৰ তথ্য ব্যাখ্যা কৰি আহিছে। চৰকাৰখনৰ সকলো বিভাগে অহৰহ বিভিন্ন লোকৰ কাষ চাপিছে। ৩০ বছৰৰ পিছত ইয়াক যুগুত কৰা হৈছে আৰু ইয়াক কেৱল আন নথিৰ দৰে গণ্য কৰিব নোৱাৰি। আপোনাসৱে ইয়াৰ সকলো পৃষ্ঠা পঢ়া সত্বেও অহা তিনিদিনত এই নীতি সন্দৰ্ভত চিন্তা-চৰ্চা কৰিলে আপোনাসৱে বহু সূক্ষ্মতাৰ সন্মুখীন হ’ব। এই সন্মিলনৰ শেষত আপোনালোকৰ বিশ্ববিদ্যালয়সমূহতো একেধৰণৰ নিৰন্তৰ চিন্তা-চৰ্চাৰ পৰিকল্পনা কৰক। কেৱল ইয়াতে কোৱা কথাবোৰ শুনি আঁতৰি যাব নালাগে। আপোনালোকে আপোনাসৱৰ আন-আন সতীৰ্থসকলৰ সৈতে এই নীতি সম্পৰ্কে আলোচনা কৰিব লাগে আৰু তেতিয়াহে ই উপকাৰী হ’ব। আৰু ইয়াৰ ৰূপায়ণৰ বাবে প্ৰত্যাহ্বানসমূহৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিব লাগে। বন্ধুসকল, কোনোৱে হাতে-কামে লগা মাত্ৰেকে সমস্যাৰ সমাধান সূত্ৰও ক্ষীপ্ৰতাৰে নিৰ্ণয় হয়। যদি কোনোৱে ইয়াক কেৱল সমস্যা হিচাপেহে বিবেচনা কৰে আৰু প্ৰচেষ্টা গ্ৰহণ নকৰে, তেতিয়া ইয়াৰ সমাধান সূত্ৰ কেতিয়াও বিচাৰি পোৱা নাযায়। বন্ধুসকল! এই দুবছৰত দেশখনে ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ দিশত একাধিক সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ মাজতে প্ৰৱেশ, গুণগত মান আৰু ভৱিষ্যতৰ প্ৰস্তুতিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ কৰ্মশালাসমূহেও বহুখিনি সহায় কৰিছে। দেশ-বিদেশৰ শিক্ষাবিদসকলৰ সৈতে হোৱা আলোচনা আৰু দেশখনৰ শিক্ষামন্ত্ৰীসকলৰ সৈতে মোৰ মত-বিনিময়েও প্ৰক্ৰিয়াটো ক্ষীপ্ৰ কৰি তুলিছে। মাত্ৰ কেইদিনমান পূৰ্বে আমাৰ ধৰ্মেন্দ্ৰ জীয়েও দেশখনৰ বিভিন্ন প্ৰান্তৰ শিক্ষামন্ত্ৰীসকলৰ এখনি সভা আহ্বান কৰিছিল। আমি আপোনালোকৰ সৈতে যিদৰে আলোচনা কৰি আছো, সেইদৰে তেওঁলোকৰ সৈতেও আলোচনা কৰা হৈছিল। ইয়াৰ ১০০ শতাংশ ৰূপায়ণ নিশ্চিতকৰণৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলোৱা হৈছে। ৰাজ্য চৰকাৰসমূহেও নিজ-নিজ পর্য্যায়ত এই দিশত কেতবোৰ গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে। আৰু সকলোৰে প্ৰচেষ্টাৰ ফলশ্ৰুতিত দেশখন বিশেষকৈ দেশৰ যুৱক-যুৱতীসকল এই গুৰুত্বপূৰ্ণ ৰূপান্তৰ যাত্ৰাত অংশগ্ৰহণকাৰী হৈ পৰিছে। বন্ধুসকল, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বাবে দেশখনৰ শিক্ষা খণ্ডটোত বৃহৎ আন্তঃগাঁথনি প্ৰৱৰ্তন কৰা হৈছে। আজি বৃহৎ সংখ্যক নতুন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ লগতে নতুন আইআইটি আৰু আইআইএম স্থাপন কৰা হৈছে। ২০১৪ ৰপৰা দেশখনত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৫৫ শতাংশ বৃদ্ধি পাইছে। যুৱক-যুৱতীসকলক উন্নত সুযোগ প্ৰদানৰ অৰ্থে সমগ্ৰ বিশ্ববিদ্যালয়সমূহত একেধৰণৰ মানদণ্ডৰ বাবে এই বৰ্ষৰপৰা কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট (CUET) য়ো কাৰ্য্যকৰী কৰা হৈছে। এনেধৰণৰ আৰু বহু সংস্কাৰ সাধন কৰা হৈছে। এই প্ৰচেষ্টাৰ ফলতেই ক্ৰমান্বয়ে বৃদ্ধি পাইছে বিশ্ব বিশ্ববিদ্যালয় ৰেংকিঙত ভাৰতীয় প্ৰতিষ্ঠানৰ সংখ্যা। এই পৰিৱৰ্তন মাথো আৰম্ভণিহে। এই দিশত আমি এতিয়াও বহু দূৰ আগবাঢ়িব লাগিব। বন্ধুসকল, মই ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে এতিয়া মাতৃভাষাত অধ্যয়নৰ পথ মুকলি কৰি দিয়াত সন্তোষ পাইছো। সেই অনুসৰি, সংস্কৃতৰ দৰে প্ৰাচীন ভাৰতীয় ভাষাৰো প্ৰচাৰ অব্যাহত আছে। মই দেখিছো যে সংস্কৃতৰ সৈতে জড়িত লোকসকলৰ বাবেও ইয়াত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কাশীৰ ভূমিৰপৰা এই আৰম্ভণিয়ে নিশ্চয় ভাৰতীয় ভাষা আৰু সংকল্পক নতুন শক্তি প্ৰদান কৰিব। বন্ধুসকল, অদূৰ ভৱিষ্যতে বিশ্বখনত বিশ্ব শিক্ষাৰ এক প্ৰধান কেন্দ্ৰ হিচাপে ভাৰতে আত্মপ্ৰকাশ কৰিব পাৰে বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। ভাৰত কেৱল বিশ্বৰ যুৱক-যুৱতীসকলৰ বাবে শিক্ষাৰ গন্তব্যস্থান হোৱাই নহয়, বৰঞ্চ বিশ্বৰ আন-আন দেশসমূহতো আমাৰ যুৱক-যুৱতীসকলৰ বাবে নতুন-নতুন সুযোগ সৃষ্টি কৰিব পাৰি। গতিকে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি আমি আমাৰ শিক্ষা ব্যৱস্থাটোক সাজু কৰিব লাগিব। দেশখনেও এই দিশত নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি উচ্চ শিক্ষা প্ৰস্তুতৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। প্ৰায় ১৮০ খন উচ্চ শিক্ষানুষ্ঠানতো আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ বিশেষ কাৰ্য্যালয় স্থাপন কৰা হৈছে। আপোনালোক আটায়ে এই দিশত কেৱল প্ৰয়োজনীয় আলোচনা কৰাই নহয়, বৰঞ্চ ভাৰতৰ বাহিৰত থকা ব্যৱস্থাসমূহৰ সৈতেও পৰিচিত হ’বলৈ চেষ্টা কৰিব লাগে। এই নতুন ব্যৱস্থাই ভাৰতৰ শিক্ষা ব্যৱস্থাক আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতাৰে সংযুক্তকৰণত সহায় কৰিব। বন্ধুসকল, অহা তিনিদিনৰ বিভিন্ন অধিবেশনত একাধিক গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হ’ব। মই বিচাৰো যে এই আলোচনাই দেশখনৰ বাবে বিভিন্ন ক্ষেত্ৰত নতুন পথ প্ৰশস্ত কৰক আৰু নৱ প্ৰজন্মক পথ প্ৰদৰ্শন কৰক। বিশ্বখনৰ বহু দেশ বিভিন্ন ক্ষেত্ৰত অগ্ৰগতিৰ বাবে বিশ্ববিদ্যালয়সমূহৰ ওচৰত ঋণী স্বীকাৰ কৰিছে। বিশ্ববিদ্যালয়সমূহে চৰকাৰখনক পৰামৰ্শ প্ৰদানেৰে আৰ্থ-সামাজিক আৰু বৈজ্ঞানিক বিষয়ত অহৰহ গৱেষণা চলায়। আমি ইয়াতো একে সংস্কৃতি আৰু পদ্ধতি গঢ়ি তুলিব লাগিব। ইয়াৰ ফলত নৱপ্ৰজন্মই দেশ আৰু দেশৰ নীতি-নিয়মসমূহৰ বিষয়ে বুজি পাব আৰু তেওঁলোকেও অসংখ্য সম্ভাৱনাৰ প্ৰতি সচেতন হৈ পৰিব। মই সদায় বিশ্বাস কৰি আহিছো যে দেশখনৰ যুৱক-যুৱতীসকলৰ অভিনৱ চিন্তাধাৰা আৰু নতুন চিন্তাধাৰাৰ সৈতে অধিক সংখ্যক নতুন ব্যৱস্থাক সংযুক্ত কৰিব লাগে। ই নতুন প্ৰতিভা আৰু নতুন ধাৰণালৈ লৈ যায়। মই বিচাৰিম যে আপোনালোক সকলোৱে এই বিষয়েও আলোচনা কৰি এক ৰোডমেপ প্ৰস্তুত কৰক। বিভিন্ন ক্ষেত্ৰত বিশ্ববিদ্যালয়সমূহে চৰকাৰৰ সৈতে কেনেদৰে অংশীদাৰিত্ব কৰিব পাৰে, সেই সম্পৰ্কেও আলোচনা কৰিব পাৰি। নিজৰ বিশেষজ্ঞতাৰে নিজেই সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। আপোনাসৱে নিজৰ ক্ষেত্ৰখনত সমীক্ষা আৰু অধ্যয়ন কৰি চৰকাৰক পৰামৰ্শ প্ৰদান কৰিব লাগে। আপোনালোকৰ সংশ্লিষ্ট বিশ্ববিদ্যালয়ৰ ৫০-১০০ কিলোমিটাৰ ব্যাসাৰ্ধ্যত বসবাস কৰা সাধাৰণ জনতাই কি-কি সমস্যাৰ সন্মুখীন হৈছে? ইয়াৰ সমাধান কি-কি? সম্পদ কি-কি? সেই সম্পদসমূহৰ বাবে কি কৰিব পাৰি? ইয়াৰ সাধাৰণ লোকৰ মনোভাৱ কেনেকুৱা? আপোনালোকৰ ছাত্ৰ-ছাত্ৰীসকলে এটা প্ৰজেক্ট পাব আৰু এই ক্ষেত্ৰত এক বৃহৎ প্ৰতিবেদন যুগুত হ’ব। চৰকাৰখনৰ যিকোনো আঁচনি, ইয়াৰ সুবিধা, অভাৱ, উন্নতিৰ সম্ভাৱনা আদি সন্দৰ্ভত উন্নত প্ৰতিবেদন দিব পাৰি। এই সকলোবোৰ কথা চৰকাৰে গুৰুত্ব সহকাৰে ল’লে ইয়াৰ অভূতপূৰ্ব ফল লাভ কৰিবপৰা যাব। মোৰ মনত পৰিছে, গুজৰাটত থাকোতে চৰ্দাৰ পেটেল বিশ্ববিদ্যালয়ত এটি কাৰ্য্যক্ৰম ৰূপায়ণ কৰা হৈছিল। চৰ্দাৰ পেটেল বিশ্ববিদ্যালয়ৰ বিষয়াসকলে গ্ৰামোন্নয়নৰ বহু গৱেষণা কৰি কেতবোৰ গ্ৰন্থ প্ৰণয়ন কৰিছিল। সেই গ্ৰন্থসমূহ মোক উপহাৰস্বৰূপে প্ৰদান কৰিছিল। সেই গ্ৰন্থৰাজি পঢ়ি থাকোতে বৰ আকৰ্ষণীয় বোধ হৈছিল। বিভাগটোক এটা দায়িত্ব প্ৰদান কৰিছিলো। মই বিষয়াসকলক কৈছিলো যে ছাত্ৰ-ছাত্ৰীসকলে কি কৈছে আৰু গ্ৰামোন্নয়নৰ ক্ষেত্ৰত চৰকাৰখন কেনেকৈ আগবাঢ়িছে তাৰ মাজৰ পাৰ্থক্য অনুধাৱন কৰক। আপোনাসৱ আচৰিত হ’ব যে এনে বহু বিষয় আছিল যিয়ে মোক সঁচাকৈয়ে গ্ৰামোন্নয়নৰ বাবে আমাৰ প্ৰকল্পসমূহত সহায় কৰিছিল। শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি সিদ্ধান্ত গ্ৰহণ কৰাটো অতিশয় কঠিন। সাংস্কৃতিক পৰম্পৰাই আমাক নতুন চেতনা আৰু প্ৰেৰণা প্ৰদান কৰে। সেই পৰম্পৰাৰে কিছু অমৃত বিন্দু আপোনালোকৰ ভাগ্যতো থাকিব যিয়ে ‘অমৃত কাল’ ত ভাৰতৰ উজ্জ্বল ভবিষ্যৎ গঢ় দিয়াৰ ক্ষেত্ৰত আপোনালোকৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিব। এই কাৰ্য্যসূচীৰ বাবে মই আকৌ এবাৰ বিভাগটোক ধন্যবাদ জনাইছো। আপোনালোক সকলোৱে ইয়াত উৎসাহ আৰু উদ্যমেৰে অংশগ্ৰহণ কৰিছে। আগন্তুক তিনিদিনত আপোনালোকে ভাগৰি নপৰিব বুলি মই নিশ্চিত। আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। বহু-বহু ধন্যবাদ!
বাৰাণসীত অখিল ভাৰতীয় শিক্ষা সমাগমৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%B0%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A7%B0%E0%A6%BE%E0%A6%97%E0%A6%A4-%E0%A6%94%E0%A6%B7%E0%A6%A7-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%B9%E0%A7%8B%E0%A6%AE%E0%A6%BF%E0%A6%85-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%B0%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A7%B0%E0%A6%BE%E0%A6%97%E0%A6%A4-%E0%A6%94%E0%A6%B7%E0%A6%A7-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%B9%E0%A7%8B%E0%A6%AE%E0%A6%BF%E0%A6%85-2/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত পৰম্পৰাগত ঔষধ আৰু হোমিঅ’পেথীৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু কিউবা মাজত স্বাক্ষৰিত পূৰ্বপ্ৰস্তাৱিত বুজাবুজি চুক্তিত অনুমোদন জনায়। ২০১৮ৰ ২২ জুনত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছিল। এই বুজাবুজি চুক্তিয়ে দুয়ো দেশৰ মাজত পৰম্পৰাগত ঔষধ আৰু হোমিঅ’পেথীৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰিব। ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মিলিত সাংস্কৃতিক ঐতিহ্যই যথেষ্ট গুৰুত্ব লাভ কৰিব। উল্লেখ্য যে ভাৰতত পৰম্পৰাগত ঔষধ যেনে- আয়ুৰ্বেদ, যোগা, নেচাৰ’থেৰাপি, উনানী, সিদ্ধা, ছোৱা ৰিগপা আৰু হোমিঅ’পেথী ইত্যাদিবোৰ সু-সংগঠিত আৰু এইবোৰে বিশ্বৰ বিভিন্ন স্থানত সমাদৰ লাভ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আয়ুষ মন্ত্ৰালয়ে পৰম্পৰাগত ঔষধৰ প্ৰচাৰৰ উদ্দেশ্যে ১০খন দেশৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰিত কৰিছে। এই চুক্তিসমূহে ভাৰতৰ পৰম্পৰাগত ঔষধৰ ৰপ্তানি বৃদ্ধিত অৰিহণা যোগাব।
পৰম্পৰাগত ঔষধ আৰু হোমিঅ’পেথীৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু কিউবা মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A7%B0-%E0%A6%A8%E0%A7%87%E0%A6%A4%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AC%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A6%B6-%E0%A6%86%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A7%B0-%E0%A6%A8%E0%A7%87%E0%A6%A4%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AC%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A6%B6-%E0%A6%86%E0%A7%B0/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিগত আঠ বছৰত চৰকাৰে মহিলা সশক্তিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ চেষ্টা ৰখা নাই। শ্ৰী মোদীয়ে লগতে কয় যে মহিলাৰ নেতৃত্বত হোৱা উন্নয়নৰ ফলত আমাৰ কোটি কোটি মাতৃ, ভগ্নী আৰু কন্যাৰ জীৱন সহজ হৈ পৰিছে আৰু তেওঁলোকে দেশৰ প্ৰগতিত যথেষ্ট অৰিহণা যোগাই ছে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; “যোৱা ৮ বছৰত চৰকাৰে নাৰী শক্তিক শক্তিশালী কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ চেষ্টা ৰখা নাই। মহিলাৰ নেতৃত্বত বিকাশক আৰম্ভণিৰে পৰা অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াৰ ফলস্বৰূপে, আমাৰ কোটি কোটি মাতৃ, ভগ্নী আৰু কন্যাৰ জীৱন সহজ হৈ পৰিছে আৰু তেওঁলোকে দেশৰ উন্নতিত অৰিহণা যোগাইছে। ”
মহিলাৰ নেতৃত্বত বিকাশ আৰম্ভণিৰ পৰাই আমাৰ সৰ্বাধিক অগ্ৰাধিকাৰ হৈ আহিছে: প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%83%E0%A6%97%E0%A6%BE%E0%A6%81%E0%A6%A5%E0%A6%A8%E0%A6%BF-%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A7%9F%E0%A6%A8-%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%83%E0%A6%97%E0%A6%BE%E0%A6%81%E0%A6%A5%E0%A6%A8%E0%A6%BF-%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A7%9F%E0%A6%A8-%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A6%BE/
কাইলৈ ওড়িশাৰ বালাংগীৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে আৰু শুভাৰম্ভ কৰিব ওড়িশাত এলানি প্ৰকল্প, ঝাৰছুগুডাত দেশবাসীৰ নামত উচৰ্গা কৰিব বহু–আৰ্হিৰ লজিষ্টিক পাৰ্ক(এমএমএলপি), উদ্বোধন কৰিব বালাংগীৰ আৰু বিচুপলিৰ মাজৰ ৰে’ল লাইন প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ ওড়িশাৰ বালাংগীৰ ভ্ৰমণ কৰিব। তেওঁ ঝাৰছুগুড়াত এটি বহুআৰ্হিৰ লজিষ্টিক পার্ক দেশবাসীৰ নামত উচর্গা কৰাৰ লগতে অন্যান্য একাধিক উন্নয়নমূলক প্রকল্পৰ শুভাৰম্ভ কৰিব। প্রধানমন্ত্রীয়ে বালাংগীৰ–বিচুপলিৰ মাজত এটি নতুন ৰে’ল লাইনৰো উদ্বোধন কৰিব। তদুপৰি, সোনপুৰত প্ৰধানমন্ত্ৰীয়ে কেন্দ্রীয় বিদ্যালয়ৰ এটি স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰিব। ঝাৰছুগুড়াত উন্নতমানৰ পৰিবহণ আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্যৰে ১০০ কোটি টকা ব্যয়সাপেক্ষ বহুআৰ্হিৰ লজিষ্টিক পার্ক নিৰ্মাণ কৰা হৈছে। ইয়াৰ পৰা আমদান–ৰপ্তানি আৰু আভ্যন্তৰীণ সামগ্ৰী পৰিবহণ আৰু বেচৰকাৰী উদ্যোগত সামগ্ৰী লেনদেনৰ ব্যৱস্থা কৰা হ’ব। এই পার্কখন হাওৰা–মুম্বাই ৰে’লপথৰ ঝাৰছুগুড়া ৰে’ল ষ্টেচনৰ পৰা পাঁচ কিলোমিটাৰ দূৰৈত অৱস্থিত। এই পার্কত কেৱল ষ্টীল, চিমেণ্ট আৰু কাগজকে ধৰি বিভিন্ন ধৰণৰ উদ্যোগ কাৰখানা আছে আৰু সেইবোৰত এই পৰিবহণ আন্তঃগাঁথনিৰ সুবিধা বৃদ্ধি পাব। এই লজিষ্টিক পার্কখনিয়ে ঝাৰছুগুড়াক সমগ্র ওড়িশাৰ এটি প্রধান পৰিবহণ কেন্দ্র হিচাপে প্রতিষ্ঠা কৰাৰ লগতে ৰাজ্যখন সহজে ব্যৱসায় কৰিব পৰা সুবিধা আৰু অধিক বৃদ্ধি কৰিব। ১৫ কিলোমিটাৰ দৈর্ঘ্যৰ বালাংগীল–বিচুপালি সংযোগী নতুন ৰে’ল লাইনটিয়ে উপকূলৱর্তী ওড়িশাৰ সৈতে পশ্চিম ওড়়িশাৰ যোগাযোগ স্থাপন কৰিব আৰু সমগ্ৰ ৰাজ্যত উন্নয়নৰ ভাৰসাম্য আনিব। তদুপৰি, নতুন দিল্লী আৰু মুম্বাইৰ দৰে প্রধান চহৰসমূহৰ পৰা ভুৱনেশ্বৰ আৰু পুৰী যাতায়াতৰ সময় হ্ৰাস পাব। নতুন এই ৰে’ল লাইনটোৱে এই অঞ্চলত অতিক্ষুদ্র, ক্ষুদ্র, মজলীয়া আৰু ওড়িশাৰ কুটিৰ উদ্যোগৰ ক্ষেত্ৰতো সহায়ক ভূমিকা পালন কৰাৰ লগতে এই ৰাজ্যৰ খনি খণ্ডৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণৰ সময়ত নিম্নোলিখিত প্রকল্পসমূহৰ শুভাৰম্ভ কৰিব– ঝাৰছুগুড়াৰ পৰা ভিজিনগৰম্‌ আৰু সম্বলপুৰৰ পৰা আংগুলৰ মাজৰ ৰে’লপথৰ বিদ্যুতীকৰণ প্রকল্প দেশবাসীৰ নামত উচর্গা কৰিব। ১০৮৫ কোটি টকা ব্যয়সাপেক্ষ মুঠ ৮১৩ কিলোমিটাৰ দৈর্ঘ্যৰ এই ৰে’লপথটো বিদ্যুতীকৰণ হ’লে অঞ্চলটোৰ ৰে’ল যোগাযোগৰ আৰু উন্নতি হ’ব। বৰপালিৰ পৰা ডুংগাৰিপালি আৰু বালাংগীৰৰ পৰা দেওগাঁৰ মাজে মাজে ১৩.৫ কিলোমিটাৰ দৈর্ঘ্যৰ ৰে’লপথ দ্বৈত পথযুক্ত কৰাৰ কামো দেশবাসীৰ নামত উচর্গা কৰিব। থেৰুভেলীৰ পৰা ছিংগাপুৰ ৰোড ষ্টেচনৰ মাজত ৰে’লপথৰ ওপৰত নবনির্মিত ৫৮৮ নম্বৰ দলংখনিও উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ ফলত ২০১৭ চনৰ জুলাই মাহৰ বানত নাগাভেলী নদীৰ ওপৰত ভাগি থকা এই দলংখনি পুনৰ নিৰ্মাণ হোৱাৰ ফলত এই ৰে’লপথৰ যোগাযোগো পুনৰ সম্ভৱ হ’ব। প্রধানমন্ত্রীয়ে ওড়িশাত পাছপোর্ট সেৱাৰ উন্নয়ন আৰু পর্যটন খণ্ডৰ প্রতিবন্ধকতা দূৰ কৰাৰ বাবে সেইদিনাই জগৎ সিং, কেন্দ্রপাড়া, পুৰী, কন্ধমাল, বৰগড় আৰু বালাংগীৰৰ নতুন পাছপোর্ট সেৱা কেন্দ্র উদ্বোধন কৰিব। ইমান দিনলৈকে এই অঞ্চলৰ লোকসকলে পাছপোর্ট সেৱাৰ বাবে ভুৱনেশ্বৰ যাব লগা হৈছে৷ তদুপৰি, প্রধানমন্ত্রীয়ে গান্ধাহা্ৰাডি(বৌদ্ধি)ত অৱস্থিত সিদ্ধেশ্বৰ আৰু নীলমাধৱ মন্দিৰৰ সংস্কাৰ আৰু নবীকৰণৰ কামৰ উদ্বোধন কৰিব। এই মন্দিৰসমূহে ওড়িশাৰ মন্দিৰ স্থাপত্যৰ অন্যতম প্রাচীন তথা পশ্চিম ওড়িশাৰ ‘হৰ–হৰি’ সাংস্কৃতিক ঘৰাণাৰ নিদর্শন দাঙি ধৰিছে। আনহাতে, প্রধানমন্ত্রীয়ে বালাংগীৰৰ ৰাণীপুৰ ঝৰিয়াল প্রত্নতাত্ত্বিক স্মৃতিসৌধসমূহৰ সংস্কাৰৰ কামৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে কালাহাণ্ডিৰ অসুৰগড়ত প্রাচীন অসুৰগড় দুর্গৰ পুনৰুজ্জীৱিতকৰণ আৰু সংস্কাৰৰ কামৰো শুভাৰম্ভ কৰিব। সোনপুৰত প্রধানমন্ত্রী মোদীয়ে কেন্দ্রীয় বিদ্যালয়ৰ স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰিব। এই আধূনিক সা–সুবিধা থকা বিদ্যালয়ৰ জৰিয়তে ১,০০০ শিক্ষাৰ্থী উপকৃত হ’ব৷
আন্তঃগাঁথনি উন্নয়ন, যোগাযোগ সহজে ব্যৱসায় কৰিব পৰা সুবিধাই উপকূলৱৰ্তী আৰু পশ্চিম ওড়িশাত উন্নয়ন সাধন কৰিব
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BF-%E0%A6%8F%E0%A6%9B-%E0%A6%A8%E0%A6%BE%E0%A6%87%E0%A6%AA%E0%A6%B2%E0%A7%B0-%E0%A6%AE%E0%A7%81%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%81%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BF-%E0%A6%8F%E0%A6%9B-%E0%A6%A8%E0%A6%BE%E0%A6%87%E0%A6%AA%E0%A6%B2%E0%A7%B0-%E0%A6%AE%E0%A7%81%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%81%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7/
ভি.এছ নাইপলৰ বিয়োগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷ “ইতিহাস, সংস্কৃতি, উপনিবেশবাদ, ৰাজনীতি আদিৰ দৰে বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে শ্ৰদ্ধাৰ ভি.এছ নাইপল সদায় স্মৰণীয় হৈ ৰ’ব৷ তেওঁৰ বিয়োগ বিশ্বৰ সাহিত্য জগতলৈ এক অপূৰণীয় ক্ষতি৷ এই দুখৰ সময়ত তেওঁৰ পৰিয়ালবৰ্গ আৰু শুভাকাংক্ষীলৈ সমবেদনা জ্ঞাপন কৰিছো৷” —প্ৰধানমন্ত্ৰীয়ে কয়৷
ভি.এছ নাইপলৰ মুত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%AD%E0%A6%BF%E0%A6%A1-%E0%A6%86%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4-%E0%A6%9C%E0%A7%8B-%E0%A6%AC%E0%A6%BE%E0%A6%87%E0%A6%A1%E0%A7%87%E0%A6%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%AD%E0%A6%BF%E0%A6%A1-%E0%A6%86%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4-%E0%A6%9C%E0%A7%8B-%E0%A6%AC%E0%A6%BE%E0%A6%87%E0%A6%A1%E0%A7%87%E0%A6%A8/
ক’ভিড-১৯য়ে আক্ৰান্ত কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ আশু আৰোগ্য কামনা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ টুইট: “@POTUS লৈ মোৰ শুভকামনা যাঁচিছো @JoeBiden কভিড-১৯ৰ পৰা আশু আৰোগ্য কামনা কৰিছো, লগতে তেওঁৰ সু-স্বাস্থ্যৰ বাবেও প্ৰাৰ্থনা কৰিছো”।
ক’ভিড আক্ৰান্ত জো বাইডেনৰ আশু আৰোগ্য কামনা কৰিছে প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A1%E0%A7%A6-%E0%A6%A6%E0%A7%87%E0%A7%B1%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%AA%E0%A7%87%E0%A6%9F%E0%A7%87%E0%A6%B2%E0%A7%B0-%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A1%E0%A7%A6-%E0%A6%A6%E0%A7%87%E0%A7%B1%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%AA%E0%A7%87%E0%A6%9F%E0%A7%87%E0%A6%B2%E0%A7%B0-%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A7%8D/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত অনকো-ছাৰ্জন ড০ দেৱেন্দ্ৰ পেটেলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্য আন্তঃগাথনি আৰু কৰ্কট সেৱাৰ উদগণি যোগোৱাৰ ক্ষেত্ৰত ড০ পেটেলৰ অৰিহণাক স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে: "ড০ দেৱেন্দ্ৰ পেটেলে স্বাস্থ্য আন্তঃগাথনি আৰু কৰ্কট সেৱাৰ উদগণি যোগোৱাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপেৰে অগণন লোকৰ সন্মান আৰু শুভকামনা লাভ কৰিছে। দৰৱক লৈ গভীৰ জ্ঞান আৰু দয়ালু প্ৰকৃতিৰ বাবে তেওঁক আমি সদায় স্মৰণ কৰিম। তেওঁৰ মৃত্যুত মই মৰ্মাহত। তেওঁৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনাইছো। ওঁম শান্তি।"
ড০ দেৱেন্দ্ৰ পেটেলৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শো
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%AE%E0%A6%98%E0%A7%B0%E0%A6%A4-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%A8-%E0%A6%B8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%AE%E0%A6%98%E0%A7%B0%E0%A6%A4-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%A8-%E0%A6%B8/
নমস্কাৰ৷ সাহিব বন্দগী৷ আজ হম অপনে কে বড়া সৌভাগ্যশালীমানত হাণি কি মহান সুফী সন্ত কবীৰদাস জী কে স্মৃতি মে হো ৰহে ই আয়োজন মে য়ে পাৱন ধৰতী পৰ পায় লাগী৷ আজ হমকে য়হা আকে বহুত নীক লগতা৷ হম য়ে পাৱল ধৰতী কে প্ৰণাম কৰত বাড়ী ঔৰ আপ সল লৌগন কে পায় লাগী৷ ৰাজ্যৰ লোকপ্ৰিয় তথা যশস্বী মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ মহোদয়, কেন্দ্ৰৰ মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰীমান মহেশ শৰ্মা মহোদয়, কেন্দ্ৰৰ মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰীমান শিৱপ্ৰতাপ শুক্লা মহোদয়, ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডাক্টৰ ৰীতা বহুগুণা মহোদয়া, ৰাজ্য চৰকাৰৰ মন্ত্ৰী শ্ৰীমান লক্ষ্মী নাৰায়ণ চৌধুৰী মহোদয়, সংসদৰ মোৰ সহযোগী আৰু উত্তৰ প্ৰদেশ ভাৰতীয় জনতা দলৰ অধ্যক্ষ মোৰ বন্ধু ডাক্টৰ মহেন্দ্ৰ নাথ পাণ্ডে মহোদয়৷ আমাৰ সংসদৰ এক যুৱ, যুঁজাৰু, সক্ৰিয় আৰু নম্ৰতা আৰু বিবেকেৰে ভৰপূৰ এই ভূমিৰ সন্তান আমাৰ সাংসদ শ্ৰীমান শৰৎ ত্ৰিপাৰ্থী মহোদয়, উত্তৰ প্ৰদেশৰ মুখ্য সচিব শ্ৰীমান ৰাজীৱ কুমাৰ, ইয়াত উপস্থিত অন্য মহানুভৱ আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ মৰমৰ ভাই আৰু ভনীসকল৷ আজি মই মঘৰৰ এই পৱিত্ৰ ভূমিলৈ অহাৰ সৌভাগ্য প্ৰাপ্তি কৰিলো, মনত এক গভীৰ সন্তোষৰ সৃষ্টি হ’ল৷ ভাই-ভনীসকল, সকলোৰে মনত তীৰ্থস্থললৈ যোৱাৰ এটা কামনা থাকে, আজি মোৰো সেই কামনা পূৰ্ণ হ’ল৷ কিছু সময় পূৰ্বে মই সন্ত কবীৰদাসৰ সমাধিত পুষ্পাঞ্জলি অৰ্পণ আৰু তেওঁৰ মাজাৰত চাদৰ তৰ্পণ কৰাৰ সৌভাগ্য প্ৰাপ্ত কৰিলো৷ মই কবীৰদাসে সাধনা কৰা গুহাটোও দৰ্শন কৰিলো৷ সমাজক অতীতৰ পৰা দিশ প্ৰদৰ্শন কৰা দিশ নিৰ্দেশক, সমাধা আৰু সমতাৰ প্ৰতিবিম্ব, মহাত্মা কবীৰক তেওঁৰ নিৰ্বাণ ভূমিৰ পৰা পুনৰ কৌটি কৌটি নমস্কাৰ জনাইছোঁ৷ এনেকুৱা কোৱা হয় যে ইয়াতে সন্ত কবীৰ, গুৰু নানক দেৱ আৰু বাবা গোৰখনাথে একলগে বহি আধ্যাত্মিক চৰ্চা কৰিছিল৷ মঘৰলৈ আহি মই নিজকে ধন্য মানিছোঁ৷ আজি জেঠৰ শুক্ল পূৰ্ণিমা৷ আজিৰ পৰাই ভগৱান ভোলানাথৰ যাত্ৰাও আৰম্ভ হৈছে৷ মই তীৰ্থযাত্ৰীসকলক সুখদ যাত্ৰাৰ বাবে হৃদয়েৰে শুভকামনা জনাইছোঁ৷ কবীৰদাসৰ পঞ্চশতি পুণ্য তিথি উপলক্ষে ইয়াত বৰ্ষজুৰি কবীৰ মহোৎসৱৰ শুভাৰম্ভ হৈছে৷ সম্পূৰ্ণ মানৱতাৰ বাবে সন্ত কবীৰদাসে যি সম্পত্তি এৰি থৈ গৈছে, তাৰে লাভ আমি সকলোৱে পাম৷ স্বয়ং কবীৰে কৈছে- तीर्थ गए तो एक फल, संत मिले फल चार। सदगुरू मिले अनेक फल, कहे कबीर विचार।। অৰ্থাৎ তীৰ্থলৈ গ’লে এটা পুণ্য প্ৰাপ্তি হয়, সন্তৰ সংগত চাৰিটা পুণ্য প্ৰাপ্তি হয়৷ মঘৰৰ এই ভূমিত কবীৰ মহোৎসৱত এই কবীৰ মহোৎসৱে এনেকুৱাই পুণ্য প্ৰদান কৰিব৷ ভাই-ভনীসকল, কিছু সময় পূৰ্বে ইয়াত সন্ত কবীৰ একাডেমীৰ শিলান্যাস কৰা হৈছে৷ প্ৰায় ২৪ কোটি টকা ব্যয় কৰি ইয়াত মহাত্মা কবীৰৰ সৈতে জড়িত স্মৃতি বিজড়িত সংস্থা নিৰ্মাণ কৰা হ’ব৷ কবীৰে যি সামাজিক চেতনা জগাবলৈ নিজৰ জীৱন পৰ্যন্ত কাম কৰিছিল, কবীৰৰ গায়ন, প্ৰশিক্ষণ ভৱন, কবীৰ নৃত্য প্ৰশিক্ষণ ভৱন, গৱেষণা কেন্দ্ৰ, পুথিভঁৰাল, প্ৰেক্ষাগৃহ, হোষ্টেল, আৰ্ট গেলেৰী এইসকলো বিকশিত কৰাৰ যোজনা ইয়াত আছে৷ সন্ত কবীৰ একাডেমী উত্তৰ প্ৰদেশৰ আঞ্চলিক ভাষা আৰু লোক বিধিৰ বিকাশ আৰু সংৰক্ষণৰ বাবে কাম কৰিব৷ ভাই আৰু ভনীসকল, কবীৰৰ সমস্ত জীৱন সত্য সন্ধান তথা অসত্য খণ্ডণতেই ব্যতীত হ’ল৷ কবীৰৰ সাধনা মানিলে নহয়, জানিলেৰ পৰা আৰম্ভ হয়৷ তেওঁ মূৰৰ পৰা ভৰিলৈ আত্মমগন, স্বভাৱত জেডী, ভক্তৰ সন্মুখত সেৱক, ৰজাৰ সন্মুখত হৃদয়শীল, নিকা হৃদয়, সুস্থিৰ মগজু, ভিতৰৰ পৰা কোমল আৰু বাহিৰৰ পৰা কঠিন আছিল৷ তেওঁৰ জন্মৰ জৰিয়তে নহয়, নিজৰ কৰ্মৰ দ্বাৰা বন্দনীয় আছিল৷ মহাত্মা কবীৰদাস, তেওঁ ধূলিৰ পৰা আহিছিল কিন্তু মূৰৰ চন্দন সদৃশ হৈ পৰিছিল৷ মহাত্মা কবীৰদাৰ ব্যক্তিৰ পৰা অধিব্যক্তিলৈ ৰূপান্তৰিত হৈছিল আৰু আগলৈ তেওঁ শব্দৰ পৰা শব্দব্ৰহ্মলৈ পৰিৱৰ্তিত হ’ল৷ তেওঁ চিন্তাধাৰা হৈ আহিল আৰু ব্যৱহাৰৰ জৰিয়তে অমৰ হ’ল৷ সন্ত কবীৰদাসে সমাজক কেৱল দৃষ্টি প্ৰদান কৰা কামেই কৰা নাছিল, তেওঁ সমাজৰ চেতনা জাগৃত কৰাৰো কাম কৰিছিল, আৰু এই সমাজ জাগৰণৰ বাবেই তেওঁ কাশীৰ পৰা মঘৰলৈ আহছিল৷ মঘৰক তেওঁ প্ৰতীকস্বৰূপে বাচনি কৰিছিল৷ কবীৰ চাহাবে কৈছিল যে যদি হৃদয়ত ৰামে বসবাস কৰে তেন্তে মঘৰ সকলোতকৈ পৱিত্ৰ স্থান৷ আৰু তেওঁ কৈছিল- क्‍या कासी क्‍या उसर मगहर, राम हृदय बसो मोरा তেওঁ কাৰোৰে শিষ্য নাছিল৷ সন্ত কবীৰদাসে কৈছিল- हम कासी में प्रकट भए हैं, रामानंद चेताए। কাশীয়ে কবীৰক আধ্যাত্মিক চেতনা আৰু গুৰুৰ সৈতে পৰিচিত কৰাইছিল৷ ভাই-ভনীসকল, কবীৰক ভাৰতৰ আত্মাৰ গীত, ৰস আৰু সাৰ হিচাপে অভিহিত কৰিব পাৰি৷ তেওঁ সাধাৰণ গ্ৰামীণ ভাৰতৰ মনৰ কথা নিজৰ মুখৰ শব্দৰে ব্যক্ত কৰিছিল৷ তেওঁ জাতি-ভেদ মানা নাছিল৷ সকলো মানুহেই এক জাতি- তেওঁ এয়া ঘোষণা কৰিছিল আৰু নিজৰ ভিতৰৰ অহংকাৰ বিনাশ কৰি তাত ন্যস্ত হোৱা ঈশ্বৰ দৰ্শনৰ পথ কবীৰদাসে দেখুৱাইছিল৷ তেওঁ সকলোৰে আছিল, সেয়ে সকলো তেওঁৰ হৈ পৰিছিল৷ তেওঁ কৈছিল- कबीरा खड़ा बाजार में मांगे सबकी खैर। न काहु से दोस्‍ती, न काहु से बैर ।। তেওঁৰ দোহাসমূহ বুজি পোৱাৰ বাবে কোনো শব্দ কোষৰ প্ৰয়োজন নাই৷ সাধাৰণ মৌখিক-আপোনাৰ মোৰ ভাষা, সৰল আৰু সহজভাৱে জীৱনৰ গভীৰ ৰহস্যসমূহ তেওঁ জনসাধাৰণক বুজাই দিছিল৷ নিজৰ অন্তৰত থকা ৰামক চোৱা, হৰি মনৰ ভিতৰতেই আছে, বাহিৰৰ আড়ম্বৰৰ প্ৰতি কিয় সময় নষ্ট কৰা৷ নিজক সংশোধন কৰা, হৰিক প্ৰাপ্ত কৰিব পাৰিবা- जब मैं था तब हरि नहीं, जब हरि है मैं नहीं। सब अंधियारा मिट गया दीपक देखा माही।। যেতিয়া মই অহংকাৰত নিমজ্জিত হৈ আছিলো তেতিয়া প্ৰভুক দেখা পোৱা নাছিলো, কিন্তু যেতিয়া গুৰুৰ জ্ঞান জ্যোতি মোৰ ভিতৰত প্ৰকাশিত হ’ল তেতিয়া অজ্ঞানৰ অন্ধকাৰ আঁতৰি গ’ল৷ বন্ধুসকল, এয়া আমাৰ দেশৰ মহান ভূমিৰ তপস্যা, ইয়াৰ পুণ্যতা যে সময়ৰ সৈতে সমাজলৈ অহা বিভিন্ন সমস্যাসমূহ সমাপ্ত কৰিবলৈ সময় সময়ে ঋষি-মুনিসকলে, আচাৰ্যসকলে, ভগৱানে, সন্তই মাৰ্গ দৰ্শন কৰিছে৷ শত বৰ্ষৰ দাসত্বৰ সময়তো যদি দেশৰ আত্মা জীৱিত আছিল, দেশৰ সদ্ভাৱ, সমভাৱ জীৱিত আছিল, সেয়া এই মহান তেজস্বী-তপস্বী সন্তৰ বাবেই হৈছিল৷ সমাজক পথ দেখুৱাবলৈ ভগৱান বুদ্ধৰ জন্ম হৈছিল, মহাবীৰ, সন্ত কবীৰ, সন্ত সুদাস, সন্ত নানকৰ দৰে অনেক সন্তৰ শৃংখলাই আমাক পথ প্ৰদৰ্শিত কৰিছিল৷ উত্তৰেই হওক বা দক্ষিণ, পূবেই হওক বা পশ্চিম-কুৰীতিৰ বিৰুদ্ধে দেশৰ সকলো ক্ষেত্ৰতে এনে পুণ্যাত্মাসকলে জন্ম গ্ৰহণ কৰিছিল য’ত দেশৰ চেতনা ৰক্ষা কৰিবলৈ, সেইসমূহৰ সংৰক্ষণ কৰিবলৈ কাম কৰিছিল৷ দক্ষিণত মাধৱাচাৰ্য, নিম্বাগাৰাচাৰ্য, বল্লভাচাৰ্য, সন্ত বাসৱেশ্বৰ, সন্ত তিৰুগল, তিৰুৱল্বৱৰ, ৰামানুচাৰ্য; যদি আমি পশ্চিম ভাৰতলৈ চাওঁ তেন্তে দেখিম যে মহৰ্ষি দয়ানন্দ, মীৰাবাই, সন্ত একনাথ, সন্ত তুকাৰাম, সন্ত জ্ঞানেশ্বৰ, নৰসী মেহতা; যদি উত্তৰলৈ চাও তেন্তে ৰামানন্দ, কবীৰদাস, গোস্বামী তুলসীদাস, সুৰদাস, গুৰু নানক দেৱ, সন্ত ৰেইদাস; যদি পূবলৈ চাওঁ তেন্তে দেখিম যে ৰামকৃষ্ণ পৰমহংস, চৈতন্য মহাপ্ৰভু আৰু আচাৰ্য শংকৰদেৱৰ দৰে সন্তসকলৰ চিন্তাধাৰাই এই পথক প্ৰকাশিত কৰিছিল৷ এইসকল সন্ত, মহাপুৰুষৰ প্ৰভাৱতেই হিন্দুস্তানে বহু বিপত্তি সহ্য কৰিও আগবাঢ়িব পাৰিছিল আৰু নিজকে সংকটৰ পৰা মুক্ত কৰিব পাৰিছিল৷ কৰ্ম আৰু চৰ্মৰ নামত ভেদাভেদৰ পৰিৱৰ্তে ঈশ্বৰ ভক্তিৰ যি পথ ৰামানুচাৰ্যই দেখুৱাইছিল, সেই পথত চলি সন্ত ৰামানন্দই সকলো জাতি আৰু সম্প্ৰদায়ৰ লোকক নিজৰ শিষ্য কৰি জাতিবাদক কঠোৰভাৱে আঘাত কৰিছিল৷ সন্ত ৰামানন্দই সন্ত কবীৰক ৰাম নামৰ পথ দেখুৱাইছিল৷ এই ৰাম নামৰ সহায়তেই কবীৰ আজি পৰ্যন্ত প্ৰজন্মসমূহক সচেতন কৰি আছে৷ ভাই-ভনীসকল, সময়ৰ দীৰ্ঘ পৰিক্ৰমাত সন্ত কবীৰৰ পিছত ৰেইদাস আহিল৷ কেইবা শতিকা পিছত মহাত্মা ফুল আহিল, মহাত্মা গান্ধী আহিল, বাবা চাহেব ভীমৰাও আম্বেদকাৰ আহিল৷ সমাজত বিস্তৃত অসমতা দূৰ কৰাৰ বাবে সকলোৱে নিজৰ নিজৰ পদ্ধতিত সমাজক পথ দেখুৱালে৷ বাবা চাহেবে আমাক দেশৰ সংবিধান দিলে৷ নাগৰিক হিচাপত সকলোকে সমান অধিকাৰ প্ৰদান কৰিলে৷ দুৰ্ভাগ্য যে আজি এই মহাপুৰুষৰ নামত ৰাজনৈতিক স্বাৰ্থৰ এনেকুৱা এক ধাৰা থিয় কৰোৱাৰ প্ৰয়াস কৰা হৈছে যি সমাজক বিভংগন কৰাৰ প্ৰয়াস কৰি আছে৷ কিছুমান ৰাজনৈতিক দলক সমাজত শান্তি আৰু বিকাশ নালাগে, কিন্তু তেওঁলোকে কাজিয়া বিচাৰে, অশান্তি বিচাৰে৷ তেওঁলোকে ভাবে যে যিমান অশান্তি আৰু অসন্তোষৰ বাতাৱৰণ সৃষ্টি কৰা হ’ব সিমানেই ৰাজনৈতিক লাভ হ’ব৷ কিন্তু এয়াও সত্য যে- এনেকুৱা লোক ভূমিৰ পৰা বিচ্ছিন্ন৷ এওঁলোকে মুঠেও গম নাপায় যে সন্ত কবীৰ, মহাত্মা গান্ধী, বাবা চাহেবক শ্ৰদ্ধা কৰাৰ আমাৰ দেশৰ মূল স্বভাৱ কি! কবীৰে কৈছিল- নিজৰ ভিতৰলৈ চোৱা যদি সত্য প্ৰাপ্তি হ’ব, কিন্তু এওঁলোকে কেতিয়াও কবীৰক গভীৰভাৱে অধ্যয়ন কৰা নাই৷ সন্ত কবীৰদাসে কৈছিল- पोथी पढ़ी-पढ़ी जग मुआ, पंडित भया न कोय, ढाई आखर प्रेम का पढ़े सो पंडित होय।। জনতাৰ প্ৰতি, দেশৰ প্ৰতি, নিজৰ সমাজৰ প্ৰতি, সেইসমূহৰ প্ৰগতিত মন দিলে বিকাশৰ বাবে বিকাশৰ যি হৰি আছে, সেই বিকাশৰ হৰি প্ৰাপ্ত হ’ব৷ কিন্তু তেওঁলোকৰ মন নিজৰ বিশাল ভৱনৰ প্ৰতি৷ মোৰ মনত আছে যেতিয়া দুখীয়া আৰু মধ্যম বৰ্গৰ লোকক ঘৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰম্ভ হৈছিল, তেতিয়া ইয়াত যি পূৰ্বৰ চৰকাৰ আছিল, তেওঁলোকৰ মনোভাৱ কি আছিল৷ আমাৰ চৰকাৰে পত্ৰৰ ওপৰত পত্ৰ লিখিছিল, অনেকবাৰ ফোনত কথা পতা হৈছিল, সেই সময়ৰ ইউপি চৰকাৰ আগবাঢ়ি আহি দুখীয়াৰ বাবে নিৰ্মাণ কৰাৰ ঘৰৰ সংখ্যাটো মাত্ৰ কওক৷ কিন্তু সেইখন এনেকুৱা চৰকাৰ আছিল যাৰ নিজৰ প্ৰসাদৰ প্ৰতিহে অভীপ্সা অধিক আছিল৷ কিন্তু তেওঁলোকে হাত সাৱটি বহি থাকিল৷ আৰু যেতিয়াৰ পৰা যোগীৰ চৰকাৰ আহিল, তাৰ পিছত উত্তৰ প্ৰদেশত দাৰিদ্ৰৰ বাবে অভিলেখসংখ্যক গৃহ নিৰ্মাণ হ’ল৷ বন্ধুসকল, কবীৰে সমগ্ৰ জীৱন নীতিৰ ওপৰত ধ্যান দিছিল৷ পৃথিৱীৰ নীতি নহয়, নিজৰ নীতি নিৰ্ধাৰণ কৰিলে আৰু এয়া ভালদৰেই আয়ত্ব কৰিলে৷ মঘৰলৈ অহাৰ অন্তৰালত এয়াও এটা কাৰণ আছিল৷ তেওঁ মোক্ষৰ প্ৰতি মোহ নাছিল৷ কিন্তু দুখীয়া মিছা প্ৰতিশ্ৰুতি দিয়া, সমাজবাদ আৰু বহুত্ববাদৰ কথা কোৱা সত্বাৰ প্ৰতি লোভো আজি আমি ভালদৰেই প্ৰত্যক্ষ কৰিছোঁ৷ আজি দুদিন পূৰ্বৰ কথা৷ দেশত জৰুৰীকালীন অৱস্থাৰ ৪৩ বছৰ সম্পূৰ্ণ হ’ল৷ সত্বাৰ লোভ এনে যে জৰুৰীকালীন আইন প্ৰণয়ন কৰা সকলে আৰু সেই সময়ৰ জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰা সকলে আজি কান্ধত কান্ধ মিলাই গাদী দখলৰ বাবে ঘূৰি আছে৷ এই দেশৰ বাবে নহয়, সমাজৰ বাবে নহয়, কেৱল নিজৰ পৰিয়ালৰ হিতৰ বাবে চিন্তিত হৈছে৷ দুখীয়া, দলিত, পিছপৰা, বঞ্চিত, শোষিতসকলক ফাঁকি দি নিজৰ বাবে কোটিটকীয়া দালান বনোৱা লোক আছে৷ নিজৰ ভাই, সম্বন্ধৰ মানুহক কোটি, নিযুত টকাৰ সম্পত্তিৰ মালিক বনোৱা লোকো আছে৷ এনে লোকৰ পৰা উত্তৰ প্ৰদেশ আৰু দেশৰ লোকসকল সতৰ্ক হৈ থকাটো প্ৰয়োজনীয়৷ বন্ধুসকল, আপোনালোকে তিন তালাকৰ ক্ষেত্ৰতো এওঁলোকৰ স্বভাৱ প্ৰত্যক্ষ কৰিছে৷ দেশত মুছলমান সমাজৰ ভগ্নীসকলে আজি ভাবুকিসমূহলৈ কেৰেপ নকৰি তিন তালাক নিৰ্মূল কৰাৰ বাবে, এই কুৰীতিক সমাজৰ পৰা আঁতৰাবলৈ অহৰহ দাবী কৰি আছে৷ কিন্তু এই ৰাজনৈতিক দল, এই সত্বা প্ৰাপ্ত কৰিবলৈ ভোট বেংকৰ খেল খেলা লোক, তিন তালাকৰ বিল সংসদত পাছ কৰোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি আছে৷ এওঁলোকে নিজৰ হিতৰ বাবে সমাজক সদায়েই দুৰ্বল কৰি ৰাখে৷ তেওঁলোকে বেয়াৰ পৰা মুক্ত হোৱাটো নিবিচাৰে৷ বন্ধুসকল, কবীৰৰ যিসময়ত আবিৰ্ভাৱ হৈছিল তেতিয়া ভাৰত, ভাৰতৰ ওপৰত আক্ৰমণৰ পৰিৱেশ চলি আছিল৷ দেশৰ সাধাৰণ নাগৰিক চিন্তিত হৈ আছিল৷ সন্ত কবীৰদাসে তেতিয়াৰ বাদশ্বাহক প্ৰত্যাহ্বান জনাইছিল৷ কবীৰদাসে বাদশ্বাহক এইবুলি প্ৰত্যাহ্বান জনাইছিল- दर की बात कहो दरवेसा बादशाह है कौन भेसा কবীৰে কৈছিল- আদৰ্শ শাসক তেওঁৱেই যি জনতাৰ পীড়া বুজি পায় আৰু তাক দূৰ কৰাৰ বাবে প্ৰয়াস কৰে৷ তেওঁ শাসকৰ ৰূপত আদৰ্শ ৰাজা ৰামক কল্পনা কৰিছিল৷ তেওঁৰ কল্পনাৰ ৰাজ্য লোকতান্ত্ৰিক আৰু নিৰপেক্ষ আছিল৷ কিন্তু আজি বহু পৰিয়ালে নিজকে জনতাৰ ভাগ্য-বিধাতা হিচাপে ভাবি সন্ত কবীৰদাসে কোৱা কথা সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰে৷ তেওঁলোকে এয়া পাহৰি গৈছে যে আমাৰ সংঘৰ্ষ আৰু আদৰ্শৰ বুনিয়াদ কবীৰৰ দৰে মহাপুৰুষ হয়৷ কবীৰে মনুষ্যৰ মাজত ভেদাভেদ কৰা প্ৰতিটো ব্যৱস্থাক প্ৰত্যাহ্বান জনাইছিল৷ যি শোষিত আছিল, যি বঞ্চিত আছিল, যাৰ শোষণ কৰা হৈছিল, কবীৰে তেওঁলোকৰ সৱলীকৰণ হোৱাটো বিচাৰিছিল৷ তেওঁ তেওঁলোকক যাচক হিচাপে ৰাখিব নিবিচাৰিছিল৷ সন্ত কবীৰদাসে কৈছিল- मांगन मरण समान है, मत कोई मांगो भीख मांगन ते मरना भला, यह सतगुरू की सीख।। কবীৰ স্বয়ং শ্ৰমজীৱি আছিল৷ তেওঁ শ্ৰমৰ মহত্ব বুজি পাইছিল৷ কিন্তু স্বতন্ত্ৰতাৰ ইমান বৰ্ষ পিছতো আমাৰ নীতি-নিৰ্মাতাসকলে কবীৰৰ এই দৰ্শন বুজি নাপালে৷ দাৰিদ্ৰ নিৰ্মূলৰ নামত তেওঁলোকে দুখীয়া ভোটবেংকৰ ওপৰত আশ্ৰিত হয়৷ বন্ধুসকল, বিগত চাৰিটা বৰ্ষত আমি সেই নীতি-ৰীতিসমূহ পৰিৱৰ্তন কৰাৰ বাবে প্ৰয়াস কৰিছোঁ৷ আমাৰ চৰকাৰ দুখীয়া, দলিত, পীড়িত, শোষিত, বঞ্চিত, মহিলাসকলক, নৱযোৱানসকলক সৱলীকৰণ কৰাৰ পথত অগ্ৰসৰ হৈছে৷ জন ধন যোজনাৰ অধীনত উত্তৰ প্ৰদেশত প্ৰায় পাঁচ কোটি দুখীয়াৰ বেংক একাউণ্ট খুলি, ৮০ লাখতকৈও অধিক মহিলাক উজ্বলা যোজনাৰ অধীনত বিনামূলীয়া গেছ সংযোগ প্ৰদান কৰি, প্ৰায় এক কোটি ৭০ লাখ দুখীয়া মাহিলী আৰু দৈনিক ৯০ পইচাৰ প্ৰিমিয়ামত বীমা সুৰক্ষা প্ৰদান কৰি, ইউপিৰ গাঁৱত ৭৫ লাখ শৌচালয় নিৰ্মাণ কৰি, জনসাধাৰণৰ বেংকলৈ প্ৰত্যক্ষভাৱে ধন স্থানান্তৰ কৰি দুখীয়াক সৱলীকৰণ কৰাৰ কাম কৰা হৈছে৷ আয়ুষ্মান ভাৰতৰ দ্বাৰা আমাৰ দুখীয়া পৰিয়ালক সস্তীয়া, সুলভ আৰু সৰ্বশ্ৰেষ্ঠ স্বাস্থ্য সেৱা প্ৰদান কৰাৰ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ দুখীয়াৰ আত্মসন্মান আৰু তেওঁলোকৰ জীৱন সৰল কৰি চৰকাৰে নিজৰ প্ৰাথমিকতা নিৰ্মাণ কৰিছে৷ বন্ধুসকল, কবীৰ শ্ৰমযোগী আছিল৷ কবীৰে কৈছিল- काल करे सो आज कर। কবীৰ কৰ্মত বিশ্বাসী আছিল, নিজৰ ৰামক বিশ্বাস কৰিছিল৷ আজি ক্ষীপ্ৰতাৰে সম্পূৰ্ণ হোৱা যোজনা, দুগুণ গতিত নিৰ্মাণ হোৱা পথ, নতুন ৰাষ্ট্ৰীয় ঘাইপথ, দুগুণ গতিত হোৱা ৰে’লৱে লাইনৰ বৈদ্যুতিকীকৰণ, ক্ষীপ্ৰতাৰে নিৰ্মিত হোৱা নতুন এয়াৰপোৰ্ট, দুগুণ গতিত হোৱা নিৰ্মাণ হোৱা ঘৰ, প্ৰতিটো পঞ্চায়তত সম্প্ৰসাৰণ কৰা অপ্টিকেল ফাইবাৰৰ নেটৱৰ্ক, সকলো কাৰ্যৰ গতি কবীৰৰ পথকেই প্ৰতিফলিত কৰিছে৷ এয়া আমাৰ চৰকাৰৰ ‘সকলোৰে সৈতে সকলোৰে বিকাশ’ মন্ত্ৰৰ ভাৱনাক প্ৰতিফলিত কৰিছে৷ বন্ধুসকল, যিদৰে কবীৰৰ সময়চোৱাত মঘৰক অচ্যুত আৰু অভিশপ্ত বুলি ধাৰণা কৰা হৈছিল, ঠিক সেইদৰেই স্বতন্ত্ৰতাৰ ইমান বৰ্ষৰ পিছতো দেশৰ মাত্ৰ কিছুমান অংশতহে বিকাশৰ জ্যোতি প্ৰাপ্ত হৈছিল৷ ভাৰতৰ এক ডাঙৰ অংশই নিজকে বিচ্ছিন্ন অনুভৱ কৰিছিল৷ পূৰ্বৰ উত্তৰ প্ৰদেশৰ পৰা আৰম্ভ কৰি পূব আৰু উত্তৰ, উত্তৰ-পূব ভাৰত বিকাশৰ বাবে চিৎকাৰ কৰি আছিল৷ যিদৰে কবীৰে মঘৰক অভিশাপৰ পৰা মুক্ত কৰিলে ঠিক সেইদৰে আমাৰ চৰকাৰৰো এয়া প্ৰয়াস যে ভাৰত ভূমিৰ এক এক ইঞ্চি ভূমি বিকাশৰ ধাৰাৰ সৈতে জড়িত কৰা হওক৷ ভাতৃ-ভগ্নীসকল, সমগ্ৰ বিশ্বই মঘৰক সন্ত কবীৰৰ নিৰ্বাণ ভূমি হিচাপে জানে৷ কিন্তু স্বতন্ত্ৰতাৰ ইমান বৰ্ষৰ পিছতো ইয়াৰ স্থিতি যেনে হ’ব লাগিছিল তেনে নাছিল৷ ১৪-১৫ বৰ্ষ পূৰ্বে যেতিয়া প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালাম মহোদয়ে ইয়ালৈ আহিছিল তেতিয়া তেওঁ এই স্থানৰ বাবে এক সপোন দেখিছিল৷ সেই সপোনক বাস্তৱায়িত কৰাৰ বাবে মঘৰক আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰত সদ্ভাৱ, সমতাৰ কেন্দ্ৰ হিচাপে বিকশিত কৰাৰ কাম আমি এতিয়া ক্ষীপ্ৰতাৰে কৰি আছোঁ৷ সমগ্ৰ বিশ্বতে মঘৰৰ দৰে আস্থা আৰু আধ্যাত্মিক কেন্দ্ৰসমূহক স্বদেশ দৰ্শন আঁচনিৰ অধীনত বিকশিত কৰাৰ পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে৷ ৰামায়ণ চাৰ্কিট হওক, বৌদ্ধ চাৰ্কিট হওক, চুফী চাৰ্কিট হওক আদি অনেক চাৰ্কিট নিৰ্মাণ কৰি বিভিন্ন স্থানক বিকশিত কৰাৰ কাম কৰা হৈছে৷ বন্ধুসকল, মানলতাৰ ৰক্ষা, বিশ্ব বন্ধুত্ব আৰু পৰস্পৰৰ প্ৰেমৰ বাবে কবীৰৰ বাণী বহু সৰল মাধ্যম৷ তেওঁৰ বাণী সকলোকে সমভাৱ আৰু সামাজিক সমতাৰ ভাৱৰ দ্বাৰা ইমানেই ওতঃপ্ৰোতঃ যে আজি সেয়া আমাৰ বাবে পথ প্ৰদৰ্শকস্বৰূপ হৈ পৰিছে৷ কবীৰ চাহাবৰ বাণী জনসাধাৰণৰ মাজলৈ প্ৰেৰণ কৰাটো আৱশ্যক আৰু সেই হিচাপত আচৰণ কৰিব লাগিব৷ মই আশা কৰিছোঁ যে কবীৰ একাডেমীয়ে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ পুনৰবাৰ বাহিৰৰ পৰা অহা শ্ৰদ্ধালুসকলক সন্ত কবীৰৰ এই পৱিত্ৰ ভূমিত অৱতৰণ কৰাৰ বাবে মই তেওঁলোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ সন্ত কবীৰৰ অমৃত বচনক জীৱনত প্ৰণয়ন কৰি আমি নিউ ইণ্ডিয়াৰ সংকল্প প্ৰণয়ন কৰিব পাৰিম৷ এই বিশ্বাসৰ সৈতে, মই মোৰ বাণীক বিৰাম প্ৰদান কৰিছোঁ৷ আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ৷ চাহিব বন্দগী, চাহিব বন্দগী, চাহিব বন্দগী৷
উত্তৰ প্ৰদেশৰ মঘৰত মহান সন্ত তথা কবি কবীৰৰ ৫০০তম তিৰোভাৱ তিথি উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%A3%E0%A6%B8%E0%A7%80%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A7%9F/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%A3%E0%A6%B8%E0%A7%80%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A7%9F/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত অনুষ্ঠিত ইণ্ডিয়া কাৰ্পেট এক্সপ’ত ভিডিঅ’ কনফাৰেন্সযোগে ভাষণ আগবঢ়ায়। ভাৰতৰ লগতে বিদেশৰ পৰা অহা অতিথিসকলক আদৰণি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে দীনদয়াল হস্তকলা সংকুলৰ দ্বাৰা বাৰাণসীত আয়োজিত এয়া হৈছে প্ৰথম ইণ্ডিয়া কাৰ্পেট এক্সপ’। তেওঁ উল্লেখ কৰে যে বাৰাণসী, ভাদোহী আৰু মিজাপুৰ হৈছে দেশৰ গুৰুত্বপূৰ্ণ কাৰ্পেট উদ্যোগৰ কেন্দ্ৰস্থল। তেওঁ কয় যে এই ধৰণৰ প্ৰচেষ্টাই হস্তশিল্প, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক উৎসাহিত কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ হস্তকলা পৰম্পৰা বহু পুৰণি আৰু এই ক্ষেত্ৰত বাৰাণসীয়ে মুখ্য ভূমিকা পালন কৰিছে। প্ৰসংগক্ৰমে তেওঁ বিখ্যাত মনীষী কবি, কবীৰৰ কথা উল্লেখ কৰে, যিগৰাকীয়ে সেই অঞ্চলতে জন্মগ্ৰহণ কৰিছিল। তেওঁ কয় হস্তশিল্পসমূহ স্বাধীনতা আন্দোলন আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰেৰণা উৎস। প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে মহাত্মা গান্ধী, সত্যাগ্ৰহ আৰু যঁতৰৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত হৈছে কাৰ্পেটৰ সৰ্ববৃহৎ উৎপাদনকাৰী আৰু বিশ্বৰ বজাৰত ভাৰতে ৩৫ শতাংশ অৱদান আগবঢ়াইছে। তেওঁ এই খণ্ডটোৰ ব্যাপক ৰপ্তানিৰ সফলতাৰ প্ৰসংগতো কয়। তেওঁ কয় মধ্যবিত্ত শ্ৰেণীৰ সংখ্যা বৃদ্ধি আৰু কাৰ্পেট উদ্যোগৰ প্ৰতি সমৰ্থন হৈছে এই খণ্ডটোৰ বিকাশৰ দুটা মুখ্য কাৰণ। প্ৰধানমন্ত্ৰীয়ে কাৰ্পেটৰ বজাৰত ইয়াৰ দক্ষতাক প্ৰশংসা কৰে, যিটোৱে ‘মেড ইন ইণ্ডিয়া কাৰ্পেট’ৰ ডাঙৰ ব্ৰেণ্ড গঢ়ি তুলিছে। তেওঁ কাৰ্পেট ৰপ্তানিকাৰীসকলক প্ৰদান কৰা আইনী সাহায্য আৰু কাৰ্পেটৰ মানদণ্ড নিশ্চিত কৰিব পৰাকৈ বিশ্বমানৰ গৱেষণাগাৰ নিৰ্মাণ সন্দৰ্ভতো ভাষণত উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে অন্যান্য সা-সুবিধা যেনে-অত্যাধূনিক লুম আৰু খণ্ডটোৰ বাবে ঋণৰ সুবিধাৰ কথাও সদৰি কৰে। প্ৰধানমন্ত্ৰীয়ে দেশৰ শক্তি হৈ পৰা কাৰ্পেট নিৰ্মাতাসকলৰ দক্ষতা আৰু কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি সজোৰে কয়।
বাৰাণসীত অনুষ্ঠিত ইণ্ডিয়া কাৰ্পেট এক্সপ’ত ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰীৰ ভাষণ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%B7%E0%A7%B0-%E0%A6%AB/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%B7%E0%A7%B0-%E0%A6%AB/
ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ত পুৰুষৰ ফ্ৰীষ্টাইল ৭৪ কিলোগ্ৰাম শাখা ৰেষ্টলিঙত সোণৰ পদক জয় কৰাত নৱীন কুমাৰক অভিনন্দন জনাইছে। এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে; "আৰু অধিক গৌৰৱান্বিত কৰা বাবে আমাৰ ৰেষ্টলাৰসকলক ধন্যবাদ। নৱীন কুমাৰক সোণৰ পদক জয় কৰা বাবে অভিনন্দন। তেওঁৰ অসাধাৰণ আত্মবিশ্বাস আৰু উৎকৃষ্ট কৌশল সম্পূৰ্ণ ৰূপে প্ৰদৰ্শিত হৈছে। তেওঁৰ অনাগত প্ৰয়াসৰ বাবে শুভকামনা #Cheer4India"
প্রধানমন্ত্রীয়ে পুৰুষৰ ফ্ৰীষ্টাইল ৭৪ কিলোগ্ৰাম শাখাৰ ৰেষ্টলিঙত সোণৰ পদক জয় কৰাত নৱীন কুমাৰক অভিনন্দন জনা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%93%E0%A7%B1%E0%A6%BE%E0%A6%A8-%E0%A6%85%E0%A6%9A%E0%A7%87%E0%A6%A8-%E0%A6%B6%E0%A7%80%E0%A7%B0%E0%A7%8D%E0%A6%B7-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%93%E0%A7%B1%E0%A6%BE%E0%A6%A8-%E0%A6%85%E0%A6%9A%E0%A7%87%E0%A6%A8-%E0%A6%B6%E0%A7%80%E0%A7%B0%E0%A7%8D%E0%A6%B7-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8/
ৰাষ্ট্ৰপতি মেক্ৰন, মহামহিমসকল, নমস্কাৰ! মহাসাগৰক লৈ অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ গোলকীয় সন্মিলনত মই ৰাষ্ট্ৰপতি মেক্ৰনক অভিনন্দন জনাইছো। ভাৰত সদায়ে এখন সামুদ্ৰিক সভ্যতাৰ দেশ। আমাৰ প্ৰাচীন শাস্ত্ৰ তথা সাহিত্যিক সমলসমূহত সামুদ্ৰিক জীৱনকে ধৰি মহাসাগৰসমূহে প্ৰদান কৰি অহা উপহাৰ সন্দৰ্ভত বিস্তৃত চৰ্চা সম্বলিত কৰা হৈছে। আজিৰ প্ৰেক্ষাপটতো আমাৰ সুৰক্ষা আৰু সমৃদ্ধি মহাসাগৰৰে সংযোজিত হৈছে। ভাৰতৰ ‘ভাৰত-প্ৰশান্তমহাসাগৰীয় উদ্যোগ’-ৰো প্ৰধান প্ৰাতিপাদ্য প্ৰসংগ হৈছে সামুদ্ৰিক জীৱন। ফ্ৰান্সে আৰম্ভ কৰা ‘হাই এম্বিশ্যন কোৱালিশ্যন অন বায়’-ডাইভাৰছিটী বিয়ণ্ড নেশ্যনেল জুৰিছডিকশ্যন’ শীৰ্ষক উদ্যোগলৈ ভাৰতে সমৰ্থন আগবঢ়াইছে। চলিত বছৰতে আমি নীতিগত ভাবে প্ৰণিত এক আন্তঃৰাষ্ট্ৰীয় চুক্তি লাভ কৰিব পাৰিম বুলি আশা কৰিছো। এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নোহোৱা কৰাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। উপকূলীয় অঞ্চলসমূহৰ পৰা প্লাষ্টিক তথা অন্যান্য আৱৰ্জনাসমূহ পৰিষ্কৰণৰ লক্ষ্যৰে ভাৰতে অলপতে এক ৰাষ্ট্ৰজোৰা অভিযান আৰম্ভ কৰিছে। তিনিলাখ যুৱ-যুৱতীয়ে প্ৰায় ১৩টন পৰিমাণৰ আৱৰ্জনা সংগ্ৰহ কৰিছে। সাগৰসমূহৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা পৰিষ্কাৰ কৰাৰ বাবে ১০০টা ‘জাহাজ-দিৱস’ আগবঢ়োৱাৰ বাবে মই ইতিমধ্যে আমাৰ নৌসেনা বাহিনীক নিৰ্দেশ দিছো। এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বিৰুদ্ধে ফ্ৰান্সে আৰম্ভ কৰা গোলকীয় উদ্যোগত অংশগ্ৰহণ কৰিবলৈ পালে ভাৰত নিশ্চয় আনন্দিত হ’ব। ৰাষ্ট্ৰপতি মেক্ৰন, আপোনাক ধন্যবাদ।
‘ওৱান অচেন শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা অভিমত
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AD%E0%A7%81%E0%A6%9C%E0%A6%A4-%E0%A6%AA%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AD%E0%A7%81%E0%A6%9C%E0%A6%A4-%E0%A6%AA%E0%A7%8D/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভুজত প্ৰায় ৪৪০০ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰে আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ পূৰ্বে তেওঁ ভুজ জিলাত স্মৃতি বন স্মাৰক উদ্বোধন কৰে। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভুজৰ স্মৃতি বন মেম'ৰিয়েল আৰু আঞ্জাৰত বীৰ বাল স্মাৰক হৈছে কচ্ছ, গুজৰাট আৰু সমগ্ৰ দেশৰ বেদনাৰ প্ৰতীক। তেওঁ স্মৰণ কৰি কয় যে যেতিয়া অঞ্জাৰ মেম'ৰিয়েলৰ ধাৰণাটো আহিছিল আৰু স্বেচ্ছামূলক কাম 'কৰ সেৱা'ৰ জৰিয়তে স্মাৰকটো সম্পূৰ্ণ কৰাৰ বাবে এটা সংকল্প লোৱা হৈছিল। তেওঁ কয় যে বিধ্বংসী ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকসকলৰ স্মৰণত এই স্মাৰকসমূহ গভীৰ হৃদয়েৰে উৎসৰ্গা কৰা হৈছে। তেওঁ আজি ৰাইজক তেওঁক উষ্ম আদৰণি জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ আজি তেওঁৰ হৃদয়ৰ মাজেৰে যোৱা বহুতো আৱেগৰ কথা স্মৰণ কৰি সম্পূৰ্ণ নম্ৰতাৰে কয় যে বিদেহী আত্মাসকলক স্মৰণ কৰাৰ ক্ষেত্ৰত স্মৃতি বন মেম'ৰিয়েল ৯/১১-ৰ স্মাৰক আৰু হিৰোছিমা স্মাৰকৰ সমতুল্য। তেওঁ জনসাধাৰণ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক স্মাৰকটো পৰিদৰ্শন কৰিবলৈ কয় যাতে প্ৰকৃতিৰ ভাৰসাম্য আৰু আচৰণ সকলোৰে বাবে স্পষ্ট হৈ থাকে। প্ৰধানমন্ত্ৰীয়ে বিধ্বংসী ভূমিকম্পৰ প্ৰাকমুহূৰ্ত স্মৰণ কৰে। তেওঁ কয় "মোৰ মনত আছে যেতিয়া ভূমিকম্প হৈছিল, মই দ্বিতীয় দিনাহে ইয়াত উপস্থিত হৈছিলোঁ। মই তেতিয়া মুখ্যমন্ত্ৰী নাছিলো, মই এজন সাধাৰণ দলীয় কৰ্মী আছিলোঁ। মই নাজানিছিলো কেনেকৈ, আৰু কিমান জন লোকক মই সহায় কৰিব পাৰিম। কিন্তু মই সিদ্ধান্ত লৈছিলো যে সেই দুখৰ সময়ত মই আপোনালোক সকলোৰে মাজত থাকিম। আৰু যেতিয়া মই মুখ্যমন্ত্ৰী হৈছিলোঁ, সেৱাৰ অভিজ্ঞতাই মোক যথেষ্ট সহায় কৰিছিল।" তেওঁ অঞ্চলটোৰ সৈতে তেওঁৰ গভীৰ আৰু দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা স্মৰণ কৰে আৰু সংকটৰ সময়ত তেওঁ যিসকলৰ সৈতে কাম কৰিছিল তেওঁলোকক স্মৰণ কৰে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, "কচ্ছৰ সদায় এটা বিশেষত্ব আছে, যিটো মই প্ৰায়ে আলোচনা কৰোঁ। আনকি এজন ব্যক্তিয়ে ইয়াত তেওঁৰ সপোন ৰোপণ কৰিলেও, গোটেই কচ্ছে ইয়াক বট গছ হিচাপে তৈয়াৰ কৰাত জড়িত হৈ পৰে। কচ্ছৰ এই সংস্কাৰবোৰে প্ৰতিটো আশংকা, প্ৰতিটো মূল্যায়ন ভুল প্ৰমাণিত কৰিছিল। বহুতে কৈছিল যে এতিয়া কচ্ছে কেতিয়াও নিজৰ ভৰিত থিয় হ'ব নোৱাৰিব। কিন্তু আজি কচ্ছৰ লোকসকলে ইয়াত পৰিস্থিতি সম্পূৰ্ণৰূপে সলনি কৰি দিছে।" তেওঁ স্মৰণ কৰে যে ভূমিকম্পৰ পিছত প্ৰথম দেৱালী, তেওঁ আৰু তেওঁৰ ৰাজ্যিক কেবিনেটৰ সহকৰ্মীসকলে জনসাধাৰণৰ সৈতে একাত্মতা প্ৰকাশ কৰি অঞ্চলটোত অতিবাহিত কৰিছিল। তেওঁ কয় যে প্ৰত্যাহ্বানৰ সেই সময়ত আমি ঘোষণা কৰিছিলো যে আমি দুৰ্যোগক সুযোগলৈ পৰিৱৰ্তন কৰিম ৷ "যেতিয়া মই লালকিল্লাৰ প্ৰাচীৰৰ পৰা কৈছিলো যে ২০৪৭ চনৰ ভিতৰত ভাৰত এখন উন্নত দেশ হ'ব, আপুনি দেখিব যে মৃত্যু আৰু দুৰ্যোগৰ মাজত, আমি কিছু সংকল্প লৈছিলো আৰু আমি আজি সেইবোৰ উপলব্ধি কৰিছো। একেদৰে, আমি আজি যি সমাধান কৰিছো, আমি নিশ্চিতভাৱে ২০৪৭ চনত উপলব্ধ কৰিম", তেওঁ কয়। ২০০১ চনত সম্পূৰ্ণ ধ্বংসৰ পিছত কৰা অবিশ্বাস্য কামৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কচ্ছত ২০০৩ চনত ক্ৰান্তিগুৰু শ্যামজী কৃষ্ণবৰ্মা বিশ্ববিদ্যালয় গঠন কৰা হৈছিল, আনহাতে ৩৫ খনতকৈও অধিক নতুন মহাবিদ্যালয় স্থাপন কৰা হৈছে। তেওঁ ভূমিকম্প প্ৰতিৰোধী জিলা চিকিৎসালয় আৰু অঞ্চলটোৰ ২০০ তকৈও অধিক কাৰ্যকৰী ক্লিনিকৰ বিষয়েও কথা পাতিছিল আৰু প্ৰতিটো পৰিয়ালে এতিয়া পবিত্ৰ নৰ্মদাৰ পৰিষ্কাৰ পানী লাভ কৰে, যি সেই দিনবোৰত যথেষ্ট অভাৱ আছিল। তেওঁ অঞ্চলটোত পানীৰ সুৰক্ষা নিশ্চিত কৰাৰ পদক্ষেপসমূহৰ বিষয়ে বৰ্ণনা কৰে। তেওঁ কয় যে কচ্ছৰ জনসাধাৰণৰ আশীৰ্বাদৰ বাবে সকলো গুৰুত্বপূৰ্ণ ক্ষেত্ৰ নৰ্মদাৰ পানীৰ সৈতে সংযুক্ত হৈ আছে। "কচ্ছ ভুজ খালে অঞ্চলটোৰ জনসাধাৰণ আৰু কৃষকসকলক উপকৃত কৰিব", তেওঁ কয়। তেওঁ কচ্ছক সমগ্ৰ গুজৰাটৰ এক নম্বৰ ফল উৎপাদক জিলা হোৱাৰ বাবে অভিনন্দন জনাইছিল। তেওঁ গৰু পালন আৰু গাখীৰ উৎপাদনত অভূতপূৰ্ব অগ্ৰগতি লাভ কৰাৰ বাবে জনসাধাৰণক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে গুজৰাটত এটাৰ পিছত এটা সংকটত পৰা সময়ৰ কথা স্মৰণ কৰে। তেওঁ কয়, "গুজৰাটে প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰি থকাৰ সময়ত ষড়যন্ত্ৰৰ সময় আৰম্ভ হৈছিল। দেশ আৰু বিশ্বত গুজৰাটক বদনাম কৰাৰ বাবে, ইয়াত বিনিয়োগ বন্ধ কৰিবলৈ এটাৰ পিছত এটা ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল।" প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কেনেকৈ এনে পৰিস্থিতি হ’লেও গুজৰাটে দেশৰ প্ৰথমখন ৰাজ্য হিচাপে দুৰ্যোগ ব্যৱস্থাপনা আইন প্ৰণয়ন কৰে৷ "এই আইনৰ অনুপ্ৰেৰণাত সমগ্ৰ দেশৰ বাবে একে ধৰণৰ আইন প্ৰস্তুত কৰা হয় ৷ এই আইনে মহামাৰীৰ সময়ত দেশৰ প্ৰতিখন চৰকাৰক সহায় কৰিছিল", তেওঁ লগতে কয়। তেওঁ কয় যে গুজৰাটক বদনাম কৰাৰ বাবে সকলো প্ৰচেষ্টা উপেক্ষা কৰি আৰু ষড়যন্ত্ৰক অস্বীকাৰ কৰি গুজৰাটে এক নতুন ঔদ্যোগিক পথ নিৰ্ধাৰণ কৰে। কচ্ছ ইয়াৰ অন্যতম ডাঙৰ হিতাধিকাৰী আছিল। তেওঁ কয় যে কচ্ছত আজি পৃথিৱীৰ আটাইতকৈ ডাঙৰ চিমেণ্ট উদ্যোগ আছে। ৱেল্ডিং পাইপ নিৰ্মাণৰ ক্ষেত্ৰত কচ্ছ বিশ্বৰ দ্বিতীয় স্থানত আছে। বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ বস্ত্ৰ প্ৰকল্প কচ্ছত আছে। এছিয়াৰ প্ৰথম এছইজেড শিবিৰ কচ্ছলৈ আহিছিল। কান্দলা আৰু মুন্দ্ৰা বন্দৰে ভাৰতৰ ৩০ শতাংশ কাৰ্গো পৰিচালনা কৰে আৰু ই দেশৰ বাবে ৩০ শতাংশ নিমখ উৎপাদন কৰে। কচ্ছই সৌৰ আৰু বায়ু শক্তিৰ দ্বাৰা উৎপাদিত ২৫০০ মেগাৱাট শক্তি উৎপাদন কৰে আৰু কচ্ছলৈ সৰ্ববৃহৎ সৌৰ হাইব্ৰীড উদ্যোগ আহি আছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আজি দেশত চলি থকা গ্ৰীণ হাউচ অভিযানত গুজৰাটৰ এক ডাঙৰ ভূমিকা আছে। একেদৰে, যেতিয়া গুজৰাটে বিশ্বৰ গ্ৰীণ হাউচ ৰাজধানী হিচাপে নিজৰ নাম ৰাখিব, কচ্ছই ইয়াত যথেষ্ট অৰিহণা যোগাব। পঞ্চ প্ৰতিজ্ঞাৰ এটা – আমাৰ ঐতিহ্যৰ প্ৰতি গৌৰৱ, তেওঁ লালকিল্লাৰ প্ৰাচীৰৰ পৰা ঘোষণা কৰা কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কচ্ছৰ সমৃদ্ধি আৰু সমৃদ্ধিৰ কথা উল্লেখ কৰে। ঢোলাভিৰাৰ নগৰ নিৰ্মাণৰ ক্ষেত্ৰত দক্ষতা থকা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয়, "ঢোলাভিৰাক যোৱা বছৰহে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা দিয়া হৈছে। ঢোলাভিৰাৰ প্ৰতিটো ইটাই আমাৰ পূৰ্বপুৰুষসকলৰ দক্ষতা, জ্ঞান আৰু বিজ্ঞান প্ৰদৰ্শন কৰে।" একেদৰে, দীৰ্ঘদিন ধৰি উপেক্ষা কৰা স্বাধীনতা সংগ্ৰামীসকলক সন্মান জনোৱাটোও ঐতিহ্যৰ ওপৰত গৌৰৱ কৰাৰ এটা অংশ। তেওঁ শ্যামজী কৃষ্ণ বৰ্মাৰ অৱশেষ ঘূৰাই অনাৰ বিশেষাধিকাৰৰ কথা স্মৰণ কৰে। মাণ্ডৱীত স্মাৰক আৰু ষ্টেচু অব্ ইউনিটিও এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কচ্ছৰ উন্নয়ন 'সবকা প্ৰয়াস'ৰ সৈতে এক অৰ্থপূৰ্ণ পৰিৱৰ্তনৰ এক নিখুঁত উদাহৰণ বুলি আলোকপাত কৰে। "কচ্ছ কেৱল এক ঠায়েই নহয়, কিন্তু ই এক আত্মা, জীৱন্ত অনুভৱ। এই মনোভাৱে আমাক ‘আজাদী কা অমৃত’ কালৰ বিশাল প্ৰস্তাৱ পূৰণৰ পথ প্ৰদৰ্শন কৰে", প্ৰধানমন্ত্ৰীয়ে কয়। গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, সাংসদ শ্ৰী চি আৰ পাটিল আৰু গুজৰাট বিধান সভাৰ অধ্যক্ষ শ্ৰী বিনোদ এল চাৱদা, ড০ নিমাবেন আচাৰ্য, ৰাজ্যিক মন্ত্ৰী কিৰিৎসিন বাঘেলা আৰু জিতুভাই চৌধুৰী অনুষ্ঠানটোত উপস্থিত আছিল।
প্ৰধানমন্ত্ৰীয়ে ভুজত প্ৰায় ৪৪০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰে আৰু আধাৰশিলা স্থাপন কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A7%87%E0%A7%B0-%E0%A6%9A/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A7%87%E0%A7%B0-%E0%A6%9A/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনেৰ চিম্বিওচিছ বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰে। তেওঁ সহজীৱী আৰোগ্য ধামৰো উদ্বোধন কৰিছিল। এই উপলক্ষে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিং কোশ্যৰীও উপস্থিত আছিল। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে চিম্বিওচিছৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰি প্ৰতিষ্ঠানটোৰ মূলমন্ত্ৰ 'বসুধৈৱ কুটুম্বকম'ৰ কথা উল্লেখ কৰি কয় যে বিভিন্ন দেশৰ শিক্ষাৰ্থী হিচাপে এই আধুনিক প্ৰতিষ্ঠানটোৱে ভাৰতৰ প্ৰাচীন পৰম্পৰাক প্ৰতিনিধিত্ব কৰি আহিছে। "জ্ঞানৰ এক বিস্তৃত প্ৰসাৰ হওঁক, জ্ঞান সমগ্ৰ বিশ্বক এটা পৰিয়াল হিচাপে সংযোগ কৰাৰ এক মাধ্যম হৈ পৰে, যিটো আমাৰ সংস্কৃতি হৈ আহিছে। মই সুখী যে এই পৰম্পৰা এতিয়াও আমাৰ দেশত জীয়াই আছে। " প্ৰধানমন্ত্ৰীয়ে নতুন ভাৰতৰ আত্মবিশ্বাসৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে আজি ভাৰত হৈছে বিশ্বৰ অন্যতম বৃহৎ অৰ্থনীতি আৰু বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰ আজি আমাৰ দেশত আছে। "ষ্টাৰ্টআপ ইণ্ডিয়া, ষ্টেণ্ড আপ ইণ্ডিয়া, মেক ইন ইণ্ডিয়া আৰু স্বাৱলম্বী ভাৰতৰ দৰে অভিযানে আপোনাৰ আশা-আকাংক্ষাক প্ৰতিনিধিত্ব কৰিছে। আজিৰ ভাৰতে সমগ্ৰ বিশ্বৰ উদ্ভাৱন, প্ৰগতি আৰু প্ৰভাৱ পেলাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে পুনেত বাস কৰা লোকসকলে ভালদৰে জানে যে কৰোনা টিকাকৰণৰ ক্ষেত্ৰত ভাৰতে কেনেদৰে বিশ্বক শক্তি প্ৰদৰ্শন কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে ভাৰতৰ প্ৰভাৱৰ কথা উল্লেখ কৰি কয় যে ইউক্ৰেইন সংকটৰ সময়ত ভাৰতে অপাৰেচন গংগাৰ জৰিয়তে ইয়াৰ নাগৰিকসকলক যুদ্ধ ক্ষেত্ৰৰ পৰা সুৰক্ষিতভাৱে স্থানান্তৰ কৰি আছে। "বিশ্বৰ ডাঙৰ দেশবোৰে এইটো কৰিবলৈ অসুবিধা পাইছে, কিন্তু, ভাৰতৰ বৰ্ধিত প্ৰভাৱৰ বাবেই আমি হাজাৰ হাজাৰ শিক্ষাৰ্থীক আমাৰ স্বদেশলৈ ঘূৰাই আনিছো।" প্ৰধানমন্ত্ৰীয়ে দেশৰ পৰিৱৰ্তনশীল মনোভাৱৰ ওপৰতো আলোকপাত কৰে। "আপোনাৰ প্ৰজন্ম এই অৰ্থত সৌভাগ্যৱান যে ই আগৰ প্ৰতিৰক্ষামূলক আৰু নিৰ্ভৰশীল মনোবিজ্ঞানৰ ক্ষতিকাৰক প্ৰভাৱ ৰক্ষা কৰা নাই। যদি এই পৰিৱৰ্তন দেশত সংঘটিত হৈছে, ইয়াৰ প্ৰথম কৃতিত্ব আপোনালোক সকলোকে, আমাৰ যুৱপ্ৰজন্মৰ বাবে। " প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বিশ্বনেতা হিচাপে আত্মপ্ৰকাশ কৰিছে আনকি আগতে ইয়াৰ নাগালৰ বাহিৰত বুলি বিবেচনা কৰা হৈছিল। ভাৰত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মোবাইল নিৰ্মাতা হৈ পৰিছে। সাত বছৰ আগতে, ভাৰতত মাত্ৰ দুটা মোবাইল নিৰ্মাণ কোম্পানী আছিল, কিন্তু আজি 200 তকৈও অধিক উৎপাদন গোট এই কামত নিয়োজিত হৈ আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আনকি প্ৰতিৰক্ষা খণ্ডতো বিশ্বৰ সৰ্ববৃহৎ আমদানিকৰ্তা হিচাপে স্বীকৃতভাৰত এতিয়া প্ৰতিৰক্ষা ৰপ্তানিকৰ্তা হৈ পৰিছে। তেওঁ কয় যে আজি দুটা মুখ্য প্ৰতিৰক্ষা কৰিডৰ নিৰ্মাণ কৰা হৈছে য'ত দেশৰ প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আটাইতকৈ ডাঙৰ আধুনিক অস্ত্ৰ নিৰ্মাণ কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক বিভিন্ন খণ্ড মুকলি কৰাৰ সম্পূৰ্ণ সুবিধা ল'বলৈ আহ্বান জনায়। ভূ-স্থানিক প্ৰণালী, ড্ৰোন, অৰ্ধ-পৰিবাহী আৰু মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত শেহতীয়াকৈ হোৱা সংস্কাৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "আজি দেশৰ বৰ্তমানৰ চৰকাৰে দেশৰ যুৱপ্ৰজন্মৰ শক্তিক বিশ্বাস কৰে। সেইকাৰণে আমি আপোনাৰ বাবে এটাৰ পিছত এটা খণ্ড মুকলি কৰি আছো। " শ্ৰী মোদীয়ে শিক্ষাৰ্থীসকলক আহ্বান জনায় যে আপুনি যি ক্ষেত্ৰতেই নহওঁক, আপুনি আপোনাৰ কেৰিয়াৰৰ বাবে যিধৰণে লক্ষ্য নিৰ্ধাৰণ কৰে, আপোনাৰ দেশৰ বাবেও কিছু লক্ষ্য থাকিব লাগে। তেওঁ শিক্ষাৰ্থীসকলক স্থানীয় সমস্যাৰ সমাধান বিচাৰিবলৈ কৈছিল। তেওঁ শিক্ষাৰ্থীসকলক ফিটনেছ বজাই ৰাখিবলৈ আৰু সুখী আৰু উৎসাহী হৈ থাকিবলৈ কৈছিল। শ্ৰী মোদীয়ে কয়, "যেতিয়া আমাৰ লক্ষ্যব্যক্তিগত বিকাশৰ পৰা ৰাষ্ট্ৰীয় উন্নয়নলৈ অভিমুখী হয়, তেতিয়া ৰাষ্ট্ৰ নিৰ্মাণত অংশীদাৰ হোৱাৰ মনোভাৱ প্ৰাধান্য পায়। " প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক প্ৰতি বছৰে কাম কৰিবলৈ এটা নিৰ্দিষ্ট বিষয় বাছনি কৰিবলৈ কয় আৰু লগতে কয় যে ৰাষ্ট্ৰীয় আৰু গোলকীয় প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি এই বিষয়বোৰ বাছনি কৰিব লাগে। তেওঁ কয় যে ফলাফল আৰু মতামত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতেও ভাগ বতৰা কৰিব পাৰি।
প্ৰধানমন্ত্ৰীয়ে পুনেৰ চিম্বিওচিছ বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন উদ্বোধন কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%96%E0%A6%BE%E0%A7%B1%E0%A6%BE%E0%A6%9C%E0%A6%BE-%E0%A6%AE%E0%A6%87%E0%A6%A8%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A6%E0%A6%BF%E0%A6%A8-%E0%A6%9A%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BF%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%96%E0%A6%BE%E0%A7%B1%E0%A6%BE%E0%A6%9C%E0%A6%BE-%E0%A6%AE%E0%A6%87%E0%A6%A8%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A6%E0%A6%BF%E0%A6%A8-%E0%A6%9A%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BF%E0%A7%B0/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰী মুখতাৰ আব্বাছ নাকভিৰ হাতত খাৱাজা মইনুদ্দিন চিষ্টিৰ দৰগাহত দানৰ বাবে এখন চাদৰ হস্তান্তৰ কৰে। প্ৰধানমন্ত্ৰীয়ে বাৰ্ষিক উৰচ উপলক্ষে বিশ্বজুৰি থকা খাৱাজা মইনুদ্দিন চিষ্টিৰ অনুগ্ৰামীসকলক শুভেচ্ছা আৰু অভিনন্দন জনায়।
খাৱাজা মইনুদ্দিন চিষ্টিৰ দৰগাহত দানৰ বাবে চাদৰ হস্তান্তৰ প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8B%E0%A7%B0%E0%A6%A4-%E0%A7%A7%E0%A7%AD-%E0%A6%B8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8B%E0%A7%B0%E0%A6%A4-%E0%A7%A7%E0%A7%AD-%E0%A6%B8/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ইন্দোৰত ১৭ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস অধিৱেশনৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে ‘সুৰক্ষিত জায়েন, প্ৰশিক্ষিত জায়েন’ শীৰ্ষক এক স্মৃতি ডাক টিকট মুকলি কৰাৰ লগতে প্ৰথমবাৰৰ বাবে আয়োজিত ‘আজাদী কা অমৃত মহোৎসৱ-ভাৰতীয় স্বাধীনতা সংগ্ৰামত প্ৰৱাসীসকলৰ অৱদান’ শীৰ্ষক ডিজিটেল পি বি ডি প্ৰদৰ্শনীও উদ্বোধন কৰে। প্ৰবাসী ভাৰতীয় দিৱস (পিবিডি) অধিৱেশন হৈছে ভাৰত চৰকাৰৰ প্ৰধান অনুষ্ঠান যিয়ে বিদেশত থকা ভাৰতীয়সকলৰ সৈতে সংযোগ স্থাপনৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰে আৰু প্ৰৱাসীসকলক ইজনে সিজনৰ লগত যোগাযোগ স্থাপনৰ ক্ষেত্ৰতসহায় কৰে। এই পিবিডি সন্মিলনৰ বিষয়বস্তু হৈছে ‘প্ৰৱাসী ভাৰতীয়ঃ অমৃত কালত ভাৰতৰ প্ৰগতিৰ বাবে নিৰ্ভৰযোগ্য অংশীদাৰ’। প্ৰায় ৭০খন বিভিন্ন দেশৰ পৰা ৩৫০০ৰো অধিক প্ৰৱাসী ভাৰতীয়ই পিবিডি সন্মিলনৰ বাবে নাম পঞ্জীয়ন কৰিছে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে চাৰি বছৰৰ ব্যৱধানৰ অন্তত প্ৰৱাসী ভাৰতীয় দিৱস সম্পূৰ্ণ গৌৰৱৰে অনুষ্ঠিত হোৱা বুলি মন্তব্য কৰি ব্যক্তিগত আদান-প্ৰদানৰ তাৎপৰ্য আৰু আনন্দৰ ওপৰত আলোকপাত কৰে। এই উপলক্ষে১৩০ কোটি ভাৰতীয়ৰ হৈ সকলোকে আদৰণি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এই অনুষ্ঠানটো ভাৰতৰ হৃদপিণ্ড হিচাপে পৰিচিত আৰু নৰ্মদাৰ পবিত্ৰ জল, সেউজীয়া, জনজাতীয় অঞ্চলৰ বাবে বিখ্যাত মধ্যপ্ৰদেশৰ ভূমিত অনুষ্ঠিত হৈছে সংস্কৃতি আৰু আধ্যাত্মিকতা। প্ৰধানমন্ত্ৰীয়ে সদ্য উৎসৰ্গিত মহা কাল মহা লোকৰ কথা উল্লেখ কৰি বিশিষ্ট ব্যক্তি আৰু প্ৰতিনিধিসকলে পবিত্ৰ স্থানটো পৰিদৰ্শন কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে। আয়োজক চহৰ ইন্দোৰৰ বিষয়ে কোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কয় যে ইন্দোৰ এখন চহৰৰ লগতে এটা পৰ্যায়, “এইটো এটা পৰ্যায় যিয়ে নিজৰ ঐতিহ্য সংৰক্ষণ কৰি সময়ৰ আগত খোজ দিয়ে।”তেওঁ স্বচ্ছতা আন্দোলনতইন্দোৰৰ ৰান্ধনীৰ খ্যাতি আৰু ইয়াৰ কৃতিত্বৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে প্ৰবাসী ভাৰতীয় দিৱস কেইবাটাও দিশত তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে, কাৰণ ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ অলপতেহে সম্পূৰ্ণ কৰিলে। তেওঁ লগতে জনায় যে 'আজাদী কা অমৃত মহোৎসৱ' শীৰ্ষক ডিজিটেল পিবিডি প্ৰদৰ্শনীও প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে, যিয়ে গৌৰৱময় যুগক আকৌ এবাৰ সন্মুখলৈ আনিছে। অমৃত কালৰ যাত্ৰাৰ অহা ২৫ বছৰত প্ৰৱাসী ভাৰতীয়সকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ অনন্য গোলকীয় দৃষ্টিভংগী আৰু বিশ্ব ব্যৱস্থাত ইয়াৰ ভূমিকা তেওঁলোকে শক্তিশালী কৰিব। সমগ্ৰ বিশ্বক নিজৰ দেশ আৰু মানৱতাক আমাৰ ভাই-ভনী বুলি গণ্য কৰা ভাৰতীয় দৰ্শনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ পূৰ্বপুৰুষসকলে ভাৰতৰ সাংস্কৃতিক সম্প্ৰসাৰণৰ ভেটি স্থাপন কৰিছিল। আজিৰ জগতখনৰ বিষয়ে ভাষণ দি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ভাৰতীয়সকলে বিভিন্ন সংস্কৃতি আৰু পৰম্পৰাৰ মাজত জীয়াই থকাৰ সময়তে বিশ্বৰ সকলো প্ৰান্ত অতিক্ৰম কৰিছে আৰু তথাপিও ব্যৱসায়িক অংশীদাৰিত্বৰ জৰিয়তে সমৃদ্ধিৰ দুৱাৰ মুকলি কৰাৰ উপায় বিচাৰি পাইছে। প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰে যে যেতিয়া আমি বিশ্বৰ মানচিত্ৰত কোটি কোটি প্ৰবাসী ভাৰতীয়ক চাওঁ তেতিয়া একেলগে অসংখ্য ছবিৰ উন্মেষ ঘটে যিয়ে ‘বসুধৈৱ কুটুম্বকম’ৰ ছবি অংকন কৰে। “গণতন্ত্ৰৰ মাতৃ হোৱাৰ গৌৰৱৰ অনুভৱ বহুগুণে বৃদ্ধি পায় যেতিয়া প্ৰবাসীসকলক বিশ্বৰ বিভিন্ন প্ৰান্তৰ আটাইতকৈ গণতান্ত্ৰিক, শান্তিপ্ৰিয় আৰু অনুশাসিত নাগৰিক হিচাপে কোৱা হয়”, প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ প্ৰতিজন প্ৰবাসী ভাৰতীয়ক ভাৰতৰ ৰাষ্ট্ৰদূত বুলি কয় কাৰণ তেওঁলোকে বিশ্বৰ সন্মুখতসৱল আৰু সক্ষম ভাৰতৰ কণ্ঠ প্ৰতিধ্বনিত কৰে। “আপোনালোক ভাৰতৰ ঐতিহ্য, মেক ইন ইণ্ডিয়া, যোগাসন আৰু আয়ুৰ্বেদ, ভাৰতৰ কুটিৰ উদ্যোগ আৰু হস্তশিল্পৰ ৰাষ্ট্ৰদূত”, শ্ৰী মোদীয়ে আৰু কয়, “একে সময়তে আপোনালোক ভাৰতৰ বাজৰাৰো ব্ৰেণ্ড এম্বেছাদৰ৷” ২০২৩ চনক আন্তঃৰাষ্ট্ৰীয় বাজৰাৰ বছৰ হিচাপে ঘোষণা কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সকলোকে বাজৰাৰ কিছু সামগ্ৰী ঘৰলৈ লৈ যাবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰতৰ বিষয়ে অধিক জানিবলৈ বিশ্বৰ ইচ্ছাক সম্বোধন কৰাত প্ৰবাসী ভাৰতীয়সকলৰ আন এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁ কয় যে বিশ্বই ভাৰতক অতি কৌতুহলৰ সৈতে তীক্ষ্ণ দৃষ্টিৰে চাই আছে আৰু শেহতীয়া বছৰবোৰত দেশখনৰ অসাধাৰণ সাফল্যৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে মেক ইন ইণ্ডিয়া ভেকচিন আৰু ভাৰতীয়ক ২২০ কোটিতকৈ অধিক বিনামূলীয়া টিকাকৰণৰ পৰিসংখ্যাৰ উদাহৰণ দাঙি ধৰে। তেওঁ বৰ্তমানৰ অস্থিৰতাৰ সময়ছোৱাত বিশ্ব অৰ্থনীতিত ভাৰতৰ উত্থান আৰু বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হোৱাৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ইলেক্ট্ৰনিকছ উৎপাদন খণ্ডত উত্থানশীল ষ্টাৰ্টআপ ইক’চিষ্টেম আৰু মেক ইন ইণ্ডিয়াৰ উদাহৰণো উপস্থাপন কৰে। তেওঁ তেজছ যুদ্ধ বিমান, বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্ত আৰু পাৰমাণৱিক চাবমেৰিন অৰিহন্তক লৈ কয় যে ভাৰতৰ প্ৰতি বিশ্ববাসী কৌতুহলী হোৱাটো স্বাভাৱিক। ভাৰতৰ কেছলেছ ইকনমি আৰু ফিনটেকৰ কথাও উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ ৰিয়েল টাইম ডিজিটেল লেনদেনৰ ৪০% ভাৰততহে হৈ আছে। মহাকাশ প্ৰযুক্তিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে একেলগে শ শ উপগ্ৰহ উৎক্ষেপণৰ একাধিক অভিলেখ সৃষ্টি কৰি আছে। ভাৰতৰ চফটৱেৰ আৰু ডিজিটেল টেকন’লজি উদ্যোগৰ ওপৰতো প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে। তেওঁ কয় যে সময়ৰ লগে লগে ইয়াৰ সামৰ্থ্য বৃদ্ধিহে হৈছে। “ভাৰতে বিশ্বক দিয়া বাৰ্তাৰ এক সুকীয়া গুৰুত্ব আৰু মৰ্যদা আছে”, প্ৰধানমন্ত্ৰীয়ে দেশৰ শক্তিয়ে ভৱিষ্যতে চমকপ্ৰদ উত্থান লাভ কৰিবলৈ গৈ আছে বুলি মন্তব্য কৰি কয়। তেওঁ এই উপলক্ষে উপস্থিত থকা সকলোকে কেৱল ভাৰতৰ সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে নহয়, জাতিটোৰ প্ৰগতিৰ বিষয়েও জ্ঞান সমৃদ্ধ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে এই বছৰ জি-২০ প্ৰেচিডেন্সিৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু এক বহনক্ষম ভৱিষ্যত প্ৰাপ্ত কৰাৰ বাবে ভাৰতৰ অতীতৰ অভিজ্ঞতাৰ বিষয়ে বিশ্বক অৱগত কৰাৰ আৰু এই অভিজ্ঞতাসমূহৰ পৰা শিকাৰ এক মহান সুযোগ লাভ কৰিছে। "জি-২০ কেৱল এক কূটনৈতিক ঘটনা নহয়, ইয়াক জনসাধাৰণৰ অংশগ্ৰহণৰ এক ঐতিহাসিক ঘটনালৈ পৰিৱৰ্তন কৰা উচিত য'ত এজনে 'অতীথি দেৱো ভৱ'ৰ অনুভূতি প্ৰত্যক্ষ কৰিব পাৰে", প্ৰধানমন্ত্ৰীয়ে কয়।ভাৰতৰ বিভিন্ন চহৰত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ অংশ হিচাপে ২০০ৰো অধিক বৈঠক অনুষ্ঠিত হ’ব বুলি অৱগত কৰি তেওঁ কয় যে বহু দেশৰ প্ৰতিনিধিৰ সৈতে অৰ্থপূৰ্ণ সংযোগ স্থাপনৰ এক বৃহৎ সুযোগ হ’ব। প্ৰধানমন্ত্ৰীয়ে কয় যে আজিভাৰতে কেৱল জ্ঞান কেন্দ্ৰই নহয়, বিশ্বৰ দক্ষতাৰ ৰাজধানী হোৱাৰো সুযোগ লাভ কৰিছে। তেওঁ ভাৰতীয় যুৱপ্ৰজন্মৰ দক্ষতা, মূল্যবোধ আৰু কৰ্মনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। "এই দক্ষতাৰ মূলধন বিশ্বব্যাপী বিকাশৰ ইঞ্জিন হ'ব পাৰে", প্ৰধানমন্ত্ৰীয়ে লগতে কয়। প্ৰধানমন্ত্ৰীয়ে পৰৱৰ্তী প্ৰজন্মৰ প্ৰৱাসী ভাৰতীয় যুৱসকলৰ মাজত উৎসাহৰ কথা উল্লেখ কৰে। তেওঁ সমবেত লোকসকলক যুৱসকলক তেওঁলোকৰ দেশৰ বিষয়ে ক'বলৈ আৰু তেওঁলোকক ইয়ালৈ যোৱাৰ সুযোগ প্ৰদান কৰিবলৈ আহ্বান জনায়। "পৰম্পৰাগত বুজাবুজি আৰু আধুনিক দৃষ্টিভংগীৰে এই যুৱ প্ৰৱাসীসকলে ভাৰতৰ বিষয়ে বিশ্বক অধিক কাৰ্যকৰীভাৱে ক'বলৈ সক্ষম হ'ব। যুৱসকলৰ মাজত ভাৰতৰ বিষয়ে বৰ্ধিত কৌতূহলৰ সৈতে, ভাৰতৰ পৰ্যটন, গৱেষণা আৰু গৌৰৱ বৃদ্ধি পাব", তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে এনে যুৱক-যুৱতীসকলে উৎসৱৰ সময়ত ভাৰত ভ্ৰমণ কৰিব পাৰে বা আজাদী কা অমৃত মহোৎসৱৰ সৈতে সম্পৰ্কিত অনুষ্ঠানৰ সৈতে জড়িত হ'ব পাৰে। প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে যে বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ জৰিয়তে নিজ নিজ দেশৰ বাবে প্ৰৱাসী ভাৰতীয়সকলৰ জীৱন, সংগ্ৰাম আৰু অৱদাননথিভুক্ত কৰাৰ বাবে এক নিৰন্তৰ প্ৰচেষ্টা কৰা উচিত। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিজন প্ৰৱাসী ভাৰতীয়ই সমগ্ৰ ভাৰতক নিজৰ মাজত লৈ যায়। "যোৱা ৮ বছৰত ভাৰতে ইয়াৰ প্ৰবাসীসকলক শক্তিশালী কৰাৰ চেষ্টা কৰিছে। আজি ভাৰতৰ প্ৰতিশ্ৰুতি হৈছে যে আপুনি য'তেই নাথাকক কিয়, ভাৰত সদায় আপোনাৰ স্বাৰ্থ আৰু প্ৰত্যাশাৰ বাবে আছে", তেওঁ কয়। পটভূমি প্ৰবাসী ভাৰতীয় দিৱস (পিবিডি) অধিৱেশন হৈছে ভাৰত চৰকাৰৰ প্ৰধান অনুষ্ঠান যিয়ে বিদেশত থকা ভাৰতীয়সকলৰ সৈতে সম্পৰ্ক আৰু সংযোগ স্থাপনৰ এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰে। মধ্যপ্ৰদেশ চৰকাৰৰ সহযোগত অহা ০৮-১০ জানুৱাৰী, ২০২৩ তাৰিখে ইন্দোৰত ১৭সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস অধিৱেশনৰ আয়োজন কৰা হৈছে। এই পিবিডি সন্মিলনৰ বিষয়বস্তু হৈছে "প্ৰৱাসী ভাৰতীয়ঃ অমৃত কালত ভাৰতৰ অগ্ৰগতিৰ বাবে নিৰ্ভৰযোগ্য অংশীদাৰ"।প্ৰায় ৭০খন বিভিন্ন দেশৰ পৰা ৩৫০০ৰো অধিক প্ৰব্ৰজনকাৰী সদস্যই পিবিডি সন্মিলনৰ বাবে পঞ্জীয়ন কৰিছে।
মধ্যপ্ৰদেশৰ ইন্দোৰত ১৭ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস অধিৱেশনৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%B7%E0%A7%B0-%E0%A6%AB%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A6%87%E0%A6%B2-%E0%A7%AF%E0%A7%AD-%E0%A6%95%E0%A7%87%E0%A6%9C/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%B7%E0%A7%B0-%E0%A6%AB%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A6%87%E0%A6%B2-%E0%A7%AF%E0%A7%AD-%E0%A6%95%E0%A7%87%E0%A6%9C/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহাম চিডব্লিউজি, ২০২২ ত পুৰুষৰ ফ্ৰীষ্টাইল ৯৭ কেজি ৰেষ্টলিঙত ব্ৰঞ্জৰ পদক লাভৰ বাবে মল্লযুঁজাৰু দীপক নেহৰালৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে; "আন এগৰাকী মল্লযুঁজাৰু, ভাৰতৰ বাবে আন এক খ্যাতি! দীপক নেহৰাই চিডব্লিউজি, ২০২২ ত ফ্ৰীষ্টাইল ৰেষ্টলিং ইভেন্টত ব্ৰঞ্জৰ পদক লাভ কৰাত আনন্দিত হৈছো। দীপকে প্ৰশংসনীয় ধৈৰ্য্য আৰু দায়বদ্ধতা প্ৰদৰ্শন কৰিছে। তেওঁৰ অনাগত প্ৰচেষ্টাৰাজিৰ বাবে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলো। #Cheer4India"
পুৰুষৰ ফ্ৰীষ্টাইল ৯৭ কেজি ৰেষ্টলিঙত ব্ৰঞ্জৰ পদক লাভ কৰা দীপক নেহৰাক শুভেচ্ছা প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%B9%E0%A7%88%E0%A6%9B%E0%A7%87-%E0%A6%86%E0%A6%B0%E0%A7%8D%E0%A6%A5-%E0%A6%B8%E0%A6%BE%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%BF%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%B9%E0%A7%88%E0%A6%9B%E0%A7%87-%E0%A6%86%E0%A6%B0%E0%A7%8D%E0%A6%A5-%E0%A6%B8%E0%A6%BE%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%BF%E0%A6%95/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি নয়ডাত পেট্ৰ’টেক ২০১৯ সন্মিলনত নিম্নোলিখিত ভাষণ আগবঢ়াইছে। (প্ৰধানমন্ত্ৰীৰ ইংৰাজী ভাষণৰ অসমীয়া ৰূপান্তৰ) নমস্তে, পৰিবহনৰ সমস্যাৰ বাবে ইয়ালৈ আহি পাওতে কিছু বিলম্ব হৈছে, তাৰ বাবে আপোনালোক সকলোৰে ওচৰত মার্জনা বিচাৰিছো। মই আপোনালোক সকলোকে ভাৰতৰ ত্রয়োদশ হাইড্র’কার্বন সন্মিলন, পেট্ৰ’টেক ২০১৯- লৈ স্বাগতম জনাবলৈ পাই আনন্দিত হৈছো। আমি মাননীয় ডঃ চুলতান আল জাবিৰক শক্তিখণ্ডত তেখেতৰ অৱদান আৰু ভৱিষ্যত বিষয়ে তেওঁৰ দৃষ্টিভঙ্গীৰ বাবে অভিনন্দন জনাইছো। মই মোৰ দেশত নাগৰিকসকলৰ বাবে সুলভ নিকা আৰু নিশ্চিত বিদ্যুৎ শক্তিৰ সৰবৰাহ কৰিবলৈ বিচাৰো। এই ক্ষেত্রত এই সন্মিলনত উপস্থিত হোৱা ৬০ ৰো অধিক দেশৰ ৭ হাজাৰ প্রতিনিধিৰ উপস্থিতত আমাৰ একক লক্ষ্য আৰু অনুসন্ধিৎসাৰ প্রতিফলন ঘটিছে। জীৱনকালত ভালেমান দেশ ভ্ৰমণ কৰাৰ মাজেৰে আমি বুজিব পাৰিছো যে শক্তিয়েই হৈছে আর্থ-সামাজিক বিকাশৰ প্রধান চালিকা শক্তি। অর্থনীতিৰ দ্রুত বিকাশৰ বাবে প্রয়োজন হৈছে, যথাযথ মূল্যত স্থিতিশীল আৰু সুষম শক্তিৰ সৰবৰাহ। ইয়াৰ উপৰিও সমাজৰ দৰিদ্র আৰু বঞ্চিত শ্রেণীৰ বাবে অর্থনৈতিক সুবিধা প্রদানৰ ক্ষেত্রতো শক্তিৰ সহায়ক ভুমিকা আছে। আন অর্থত শক্তিখণ্ড হৈছে বিকাশৰ বাবে এক গুৰুত্বপূর্ণ আৰু প্রধান বিষয়। বন্ধুসকল, আজি যেতিয়া মই ইয়াত বিশ্বৰ শক্তিখণ্ডৰ বর্তমান আৰু ভৱিষ্যৎ পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবে সমবেত হৈছো, সেইসময়ত বিশ্বৰ শক্তিখণ্ডত ব্যাপক পৰিৱৰ্তনৰ জোৱাৰ উঠিছে। শক্তিৰ সৰবৰাহ, শক্তিৰ উৎসসমূহ আৰু শক্তিৰ ব্যৱহাৰৰ ধৰণ সলনি হৈছে। হয়তো এক ঐতিহাসিক উত্তৰণৰ অঙ্গ হিচাপেই এয়া ঘটিছে। শক্তি ব্যৱহাৰৰ ক্ষেত্রত সাম্প্ৰ্তিক সময়ৰ প্রৱণতাই পশ্চিমৰ ফালৰ পৰা পূৱলৈ ঢাল খাইছে। শ্বেল বিপ্লৱৰ পিছত, মার্কিন যুক্তৰাষ্ট্র বিশ্বৰ বৃহত্তম তেল আৰু গেছ উৎপাদনকাৰী দেশত পৰিণত হৈছে। সৌৰশক্তি আৰু অন্যান্য পুনঃর্নবীকৰণযোগ্য শক্তিৰ উৎসসমূহ বর্তমান আৰু অধিক প্রতিযোগিতামূলক হৈ উঠিছে। সেইবোৰ চিৰাচৰিত ধৰণৰ শক্তিৰ সুষম বিকল্প হ’বলৈ ধৰিছে। প্রাকৃতিক গেছো বিশ্বৰ শক্তিখণ্ডত অন্যতম বৃহৎ উৎস হৈ উঠিছে। কম মূল্যৰ পুনঃনবীকৰণযোগ্য শক্তি, প্রযুক্তি আৰু এইসমূহৰ ডিজিটেল প্রয়োগ যেন একত্রিত হ’বলৈ আগবাঢ়িছে, তাৰেই ইংগিত পোৱা গৈছে। দ্রুত তথা সুষম উন্নয়নৰ লক্ষ্য অর্জনৰ বাবে এই প্রৱণতা বিশেষ সহায়ক হ’ব পাৰে। জলবায়ু পৰিৱর্তনৰ সমস্যাৰ মোকাবিলা কৰিবলৈ এতিয়া বিভিন্ন দেশ একগোট হৈছে। ভাৰত আৰু ফ্রান্সৰ উদ্যোগত আন্তর্জাতিক সৌৰজোটৰ দৰে বিশ্বব্যাপী অংশীদাৰীত্বৰ মাজেৰে ইয়াৰ প্রতিফলন ঘটিছে। আমি এতিয়া আৰু বেছি শক্তি প্রাপ্তিযোগ্যতাৰ এটা যুগত প্রৱেশ কৰিছো। বিশ্বত এতিয়াও ১০০ কোটিতকৈও অধিক লোকৰ ওচৰলৈ বিদ্যুতৰ সুবিধা যোৱাগৈ নাই। আনকি, দেশৰ বহু লোক এতিয়াও পৰিচ্ছন্ন ৰন্ধন ব্যৱস্থাৰ পৰা এতিয়াও বঞ্চিত হৈয়েই আছে। এতিয়া সকলোৱেই যেন ইয়াৰ সুবিধা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰিবৰ বাবে ভাৰতে অগ্ৰণী ভুমিকা পালন কৰিছে। ভাৰতে সকলোৰে বাবে বিদ্যুৎ শক্তি লাভৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ নেতৃত্ব দিছে। আমাৰ সাফল্যৰ মাজেৰে মই পৃথিৱীৰ মানুহৰ শক্তিৰ চাহিদা পূৰণৰ আশা দেখিবলৈ পাইছো মই। নিকা, সুলভ, অবিৰত আৰু সমানুপাতিক হাৰত শক্তি লাভ কৰাৰ অধিকাৰ সকলোৰেই আছে। দেশে এতিয়া শক্তি সৰবৰাহৰ এক নতুন দিগন্তৰ দিশে আগবাঢ়িছে, এখন নতুন দেশত প্রৱেশ কৰিবলৈ ওলাইছে। ভাৰত বর্তমান বিশ্বৰ দ্রুততম বিকাশশীল অর্থনীতিৰ দেশ। ২০৩০ চন পৰ্যন্ত ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম অর্থনীতিৰ দেশ হৈ উঠিব, তাত কোনো সন্দেহেই নাই। তাৰ সমান্তৰালভাৱে বিদ্যুতৰ গ্ৰাহৰ দিশেৰেও ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম দেশ হৈ উঠিব। আইএমএফ আৰু বিশ্ব বেংকৰ দৰে আন্তর্জাতিক সংস্থাসমূহে অনুমান কৰিছে যে আগন্তুক বছৰবোৰত ভাৰতীয় অর্থনীতিৰ বিকাশৰ এই প্রৱণতা অক্ষুণ্ণ থাকিব। বিশ্বৰ অস্থিৰ অর্থনৈতিক পৰিৱেশৰ মাজত ভাৰতে যেন বিশ্ব অর্থনীতিৰ ৰখীয়া হিচাপে এক সুস্থিৰ ভুমিকা পালন কৰিছে। সম্প্রতি ভাৰত বিশ্বৰ ভিতৰতে ষষ্ঠ বৃহত্তম অর্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। ২০৩০ চন পৰ্যন্ত ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম অর্থনীতিৰ দেশ হৈ উঠিব, তাত কোনো সন্দেহেই নাই। আমি বর্তমান শক্তি ব্যৱহাৰৰ ক্ষেত্রত বিশ্বৰ ভিতৰত তৃতীয় বৃহত্তম স্থানত আছো। ইয়াৰ উপৰি, আমাৰ দেশত শক্তিৰ চাহিদা প্রতি বছৰে ৫ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। দেশত শক্তিৰ চাহিদা ২০৪০ চনলৈ দ্বিগুণতকৈও অধিক হ’ব বুলি আশা কৰা হৈছে। এই পৰিপ্রেক্ষিততে, বিদ্যুৎ সংস্থাসমূহৰ বাবে ভাৰত এক লাভজনক বজাৰত পৰিণত হৈ উঠাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। শক্তি পৰিকল্পনাৰ লক্ষ্যৰে আমি এক সুসংহত দৃষ্টিভঙ্গী গ্রহণ কৰিছো। ২০১৬-ৰ ডিছেম্বৰ মাহত অনুষ্ঠিত পেট্ৰ’টেক সন্মিলনৰ সময়ত মই ভাৰতৰ ভৱিষ্যৎ শক্তিখণ্ড প্ৰসঙ্গত চাৰিটা স্তম্ভৰ কথা উল্লেখ কৰিছিল। সেইকইটা স্তম্ভ আছিল ক্ৰমে দেশৰ সকলোকে বিদ্যুতৰ যোগান, শক্তিখণ্ডত দক্ষতা, সুস্থায়ী শক্তি উৎপাদন আৰু শক্তিখণ্ডৰ নিৰাপত্তা। বন্ধুসকল, শক্তিৰ ক্ষেত্রত সুবিচাৰ আমাৰ বাবে এক প্রধান লক্ষ্য আৰু ভাৰতৰ বাবে এয়া হৈছে শীর্ষস্থানীয় অগ্রাধিকাৰ। এই লক্ষ্যৰে আমি বহু নীতি গ্রহণ কৰিছো আৰু সেইবোৰ ৰূপায়ণো কৰিছো। এই নীতি ৰূপায়ণৰ সুফল এখন দেখা গৈছে। আমাৰ দেশৰ আটাইবোৰ গ্রামাঞ্চললৈ বিদ্যুৎ সেৱা প্ৰেৰণ কৰা হৈছে। এই বছৰেই আমি ভাৰতৰ প্ৰ্তিটো পৰিয়ালেই যাতে বিদ্যুৎৰ সুবিধাখিনি লাভ কৰে সেই লক্ষ্যলৈ আগবাঢ়িছো। সৌভাগ্য নামেৰে এক সুনির্দিষ্টি কাৰ্যসূচীৰ মাধ্যমেৰে আমি এই লক্ষ্য অর্জনৰ উদ্যোগ গ্রহণ কৰিছো। যেতিয়া আমি আমাৰ শক্তি উৎপাদন বৃদ্ধি কৰিছো, তেতিয়াই সেয়া যাতে পৰিৱহন আৰু সৰবৰাহ ক্ষেত্রত নষ্ট নহয়, সেয়াও নিশ্চিত কৰাৰ লক্ষ্য গ্ৰহণ কৰিছো। উদয় নামেৰে আমাৰ এক কাৰ্যসূচীৰ অধীনত আমি এই লক্ষ্য অর্জনৰ দিশে আগুৱাই গৈছো। সহজে বিদ্যুৎ লাভৰ ক্ষেত্রত বিশ্ব বেংকৰ তালিকাত ভাৰতৰ স্থান ২০১৪ চনত আছিল ১১১, ২০১৮ চনত এই স্থান ২৯ লৈ উত্তৰণ ঘটিছে। উজ্বালা আঁছনিৰ অধীনত সমগ্ৰ দেশজুৰি এলইডি বাল্ব বিতৰণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত প্রতি বছৰে ১৭ হাজাৰ কোটি টকা ৰাহি হৈছে, যিটো প্রায় ২৫০ কোটি মার্কিন ডলাৰৰ সমান। মহিলা আৰু শিশুসকলক ধোঁৱাজনিত প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈ পৰিচ্ছন্ন ৰন্ধন সামগ্ৰীয়ে বিশেষ গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। উজ্জ্বলা আঁচনি অধীনত মাত্র তিনি বছৰতে দেশৰ ৬.৪ কোটি পৰিয়াললৈ ৰন্ধন গেছৰ সংযোগ দিয়া হৈছে। দেশত এতিয়া ‘নীল শিখা বিপ্লৱ’ ৰন্ধন গেছৰ সংযোগ পাঁচ বছৰ পূৰ্বে আছিল দেশৰ ৫৫ শতাংশ লোকৰ হাতত, পিছে এতিয়া সেই সংখ্যা বৃদ্ধি হৈ ৯০ শতাংশ হৈছেগৈ। পৰিচ্ছন্ন পৰিৱহনৰ ব্যৱস্থাও পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি হৈছে। আমি ২০২০ চনৰ এপ্রিলৰ ভিতৰত যানবাহনৰ ক্ষেত্ৰত শক্তি ব্যৱহাৰৰ দিশেৰে আমাৰ দেশ বিএছ-৪ ৰ পৰা বিএছ-৬ লৈ উন্নীত হ’বপর্যায়ে উন্নীত হবে। ই আন্তর্জতিক ক্ষেত্রৰ ইউৰো-৬এৰ সমান। ১০০ শতাংশ বিদ্যুৎ সংযোগ আৰু বর্ধিত হাৰত ৰন্ধন গেছৰ সংযোগৰ দৰে লক্ষ্য অর্জনৰ কাম সম্ভৱ হৈছে। ইয়াৰ লগত অনবৰতে মানুহ জড়িত হৈ থকাৰ ফলতেই এয়া সম্ভৱপৰ হৈ উঠিছে। আমি শক্তিক্ষেত্রত স্বচ্ছতা আৰু প্রতিযোগিতাৰ পৰিৱেশ গঢ়ি তুলিবলৈ হাইড্র’কার্বন অনুসন্ধান আৰু লাইসেন্স নীতি গ্রহণ কৰিছো। ৰাজহ বিনিময়ৰ ক্ষেত্রতো নিলামত অংশগ্রহণৰ পদ্ধতি পৰিৱর্তন কৰা হৈছে। ইয়াৰ ফলত এই ক্ষেত্রত চৰকাৰৰ হস্তক্ষেপ লাভ কৰাটো সম্ভৱ হৈছে। অ’পেন একাৰেজ লাইছেন্সিং পলিচী আৰু নেশ্যনেল ডাটা ৰিপোজিটৰীৰ মাধ্যমেৰে ভাৰতত হাইড্র’কার্বন অনুসন্ধানৰ বাবে অধিক আগ্ৰহ প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও প্রাকৃতিক গেছৰ দামৰ ক্ষেত্রত সংস্কাৰ প্রক্রিয়া আৰম্ভ কৰা হৈছে। বর্ধিত তেল উদ্ধাৰ নীতিৰ মাধ্যমেৰে একেবাৰে শেহতীয়া প্রযুক্তি ব্যৱহাৰ কৰি দেশৰ আগশাৰীৰ তৈলক্ষেত্রসমূহত উপাদন বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমাৰ ডাউনষ্ট্ৰীম তৈলক্ষেত্রসমূহক সম্পূর্ণভাৱে উদাৰীকৰণ কৰা হৈছে। আন্তর্জাতিক ক্ষেত্রত অপৰিশোধিত খনিজ তেলৰ মূল্যৰ ওপৰত নির্ভৰ কৰে মুকলি বজাৰৰ চাহিদা অনুসৰি পেট্রে’ল আৰু ডিজেলৰ দৰ নিৰ্ধাৰণ কৰা হৈছে। সমগ্ৰ বিশ্বৰ ভিতৰতে অপৰিশোধিত খনিজ তেল শোধনৰ ক্ষেত্রত ভাৰতে চতুর্থ স্থান দখল কৰিছে। ২০৩০ চনৰ ভিতৰত এই তেল শোধন ক্ষমতা আৰু ২০ কোটি মেট্রিক টন বৃদ্ধি পাব। যোৱা বছৰ এটা ৰাষ্ট্ৰীয় জৈৱ ইন্ধন নীতি কার্যকৰী কৰা হৈছে। দ্বিতীয় আৰু তৃতীয় প্রজন্মৰ জৈৱ ইন্ধনৰ বিষয়ে গৱেষনাতো উদগনি যোগোৱা হৈছে। দেশৰ ১১ খন ৰাজ্যত ১২টা দ্বিতীয় প্রজন্মৰ জৈৱ শোধনাগাৰ স্থাপন কৰা হৈছে। ইথানল মিশ্রন আৰু জৈৱ ডিজেল কাৰ্যসূচীৰ ফলতে কার্বন নির্গমন হ্ৰাস পাইছে আৰু ইয়াৰ ফলত কৃষকৰ আয়ো বৃদ্ধি পাইছে। আমাৰ অসামৰিক বিমান পৰিবহনৰ ক্ষেত্রতো জৈৱ বিমান ইন্ধনৰ ব্যৱহাৰ সফলতাৰে পৰীক্ষা কৰা হৈছে। আমাৰ চৰকাৰ তেল আৰু গেছৰ সমগ্র মূল্য শৃংখলাটোতেই বেচৰকাৰী অংশগ্রহণক উৎসাহিত কৰিছে। ভাৰত এই ক্ষেত্রত প্রত্যক্ষ বৈদেশিক বিনিয়োগৰ এক আকর্ষণীয় কেন্দ্র হৈ উঠিছে। ছৌডি এৰামকো, এডেনক, টোটেল, এক্সন-মোবিল, বিপি আৰু শ্বেলৰ দৰে কোম্পানীবোৰে আমাৰ দেশৰ তৈলক্ষেত্রত তেওঁলোকৰ সহযোগিতা বৃদ্ধি কৰিছে। ভাৰতে গেছভিত্তিক অর্থনীতিত ক্ষীপ্ৰতাৰে অগ্রগতি লাভ কৰিছে। দেশত ১৬ হাজাৰ কিলোমিটাৰতকৈওঅিক গেছ পাইপ লাইন স্থাপন কৰা হৈছে। আনকি, আৰু ১১ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ গেছ পাইপ লাইন স্থাপনৰ কাম কাজো চলিছে। পূৱ ভাৰতত ৩ হাজাৰ ২০০ কিলোমিটাৰ দীঘল গেছ পাইপলাইনৰ কাম চলিছে। এই কাম সম্পূর্ণ হ’লে উত্তৰ-পূৱ ভাৰত ৰাষ্ট্ৰীয় গেছ গ্রীডৰ সৈতে সংযোজিত হ’ব। আগন্তুক ১ মাহৰ ভিতৰত বিভিন্ন চহৰত গেছ সৰবৰাহৰ বাবে দশম পর্যায়ত ৪০০ খন জিলাত নিলাম প্রক্রিয়া শেষ কৰা হ’ব। ইয়াৰ ফলত, দেশৰ জনসংখ্যাৰ প্ৰায় ৭০ শতাংশ লোকেই নগৰকেন্দ্রিক গেছ আবন্টনৰ সুবিধা আহৰণ কৰিবলৈ সক্ষম হ’ব। আমি চতুর্থ প্রজন্মৰ শিল্পৰ বাবে সৃষ্টি হৈছো। নতুন প্রযুক্তি আৰু কৃৎকৌশল ব্যৱহাৰৰ ফলত, শিল্প পৰিচালনৰ ধৰনটো সলনি হৈ পৰিব। আমাৰ কোম্পানীসমূহে তেওঁলোকৰ কর্মদক্ষতা, নিৰাপত্তা বৃদধি কৰা আৰু উৎপাদন ব্যয় হ্ৰাস কৰাৰ বাবে অত্যাধুনিক প্রযুক্তি গ্রহণ কৰিছে। খুচুৰা ব্যৱসায়, তেল আৰু গেছ উৎপাদন, সম্পদ পৰিচালনা আৰু দূৰসংযোগ ক্ষেত্রত এই প্রযুক্তি ব্যৱহাৰ কৰা হৈছে। সাম্প্রতিক বছৰসমূহত আমি আন্তর্জাতিক শক্তিসংস্থা আৰু অ’পেকৰ দৰে সংগঠনৰ সৈতে যোগাযোগ আৰু অধিক বৃদ্ধি কৰিছো। ২০১৬ চনৰ পৰা ২০১৮ পর্যন্ত আমি আন্তর্জাতিক শক্তি মঞ্চৰ অধ্যক্ষ আছিলো। দ্বিপাক্ষিক পর্যায়ত বিনিয়োগৰ মাধ্যমেৰে আমি আমাৰ ক্রেতা-বিক্রেতাৰ পুৰণি পৰম্পৰাগত ধৰনৰ যোগাযোগক কৌশলগত অংশীদাৰীত্বলৈ পৰিৱৰ্তিত কৰিছো। নেপাল, বাংলাদেশ, শ্রীলংকা, ভুটান আৰু ম্যানমাৰৰ দৰে দেশসমূহৰ সৈতে শক্তিক্ষেত্রত যোগাযোগ বৃদ্ধি কৰি আমি আমাৰ ‘প্রতিৱেশী প্রথম’ নীতি ৰূপায়ণ কৰিছো। তেল আৰু গেছ ক্ষেত্রত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মই নিয়মিত যোগাযোগ ৰক্ষা কৰি আহিছো। বিশ্বৰ নেতৃবৃন্দ আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে আমাৰ আলোচনাত আমি প্ৰায়বোৰ কথা উল্লেখ কৰিছো আৰু কৈছো, তেল আৰু গেছ কেৱলমাত্র পণ্য বাণিজ্য নহয়, ই এক প্রয়োজনো। সাধাৰণ লোকৰ ৰান্ধনিশালৰ বাবেই হওঁক অথবা বিমানৰ বাবেই হওঁক, আটাইবোৰ ক্ষেত্ৰতেই শক্তি বিশেষভাৱে প্রয়োজনীয়। বহুদিন ধৰি অপৰিশোধিত তেলৰ দামক লৈ সমগ্ৰ বিশ্ব অনিশ্চয়তাৰ মাজত থাকিবলগীয়া হৈছিল। আমি দায়িত্বশীল মূল্য নির্ধাৰণ ব্যৱস্থাৰ দিশে আগুৱাব লাগিব। উৎপাদক আৰু গ্রাহক উভয়ৰ স্বার্থৰ মাজত ভাৰসাম্য আনিব লাগিব। তেল আৰু গেছৰ বজাৰৰ ক্ষেত্রত আমি আৰু অধিক স্বচ্ছ আৰু স্থিতিস্থাপক দৃষ্টিভঙ্গী গ্রহণ কৰিব লাগিব। কেৱল তাৰ মাধ্যমেৰেই আমি মানৱজাতিৰ শক্তিৰ প্রয়োজনীয়তা যথাযথভাৱে পূৰণ কৰিব পাৰিম। আন এক প্রধান বিষয় হৈছে, জলবায়ু পৰিৱর্তনক লৈ পৃথিৱীৰ সকলোৱেই ঐক্যবদ্ধ হোৱা। সকলোৱেই মিলি একগোট হ’লেহে আনি পেৰিছ CoP ২১ সন্মিলনত গৃহীত লক্ষ্যমাত্রা অর্জন কৰিব পাৰিব। ভাৰতে এই লক্ষ্য অর্জনৰ দিশে ক্ষীপ্ৰতাৰে অগ্রসৰ হৈছে আৰু লক্ষ্য অর্জনত যথেষ্ট আগুৱাইছে। শক্তিখণ্ডৰ ভৱিষ্যৎক লৈ আলোচনাৰ বাবে পেট্ৰ’টেক সন্মিলন হৈছে এক উপযুক্ত আৰু শক্তিশালী মঞ্চ। অনাগত দিনবোৰত এই খণ্ডৰ পৰিৱর্তন, নীতি, নতুন প্রযুক্তিয়ে কিধৰণে বজাৰৰ স্থিতিশীলতা আৰু ভৱিষ্যৎ সময়ৰ সম্ভাৱনাক প্রভাৱিত কৰিব সেই সৈ এতিয়া আলোচনা কৰা সম্ভৱ। মই আপোনালোক সকলোকে ধন্যবাদ জনাই এক সফল আৰু ফলপ্রসূ সন্মিলনৰ কামনা কৰিছো। ধন্যবাদ
‘শক্তি হৈছে আর্থ-সামাজিক বিকাশৰ প্রধান চালিকাশক্তি’ : পেট্ৰ’টেক ২০১৯ সন্মিলনত প্রধানমন্ত্রী
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8%E0%A6%A4-%E0%A6%97%E0%A7%8B/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8%E0%A6%A4-%E0%A6%97%E0%A7%8B/
ৰাজ্য প্ৰতিস্থা দিৱস উপলক্ষে গোৱাৰ নাগৰিকসকললৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়; “ৰাজ্য প্ৰতিস্থা দিৱসত গোৱাবাসীলৈ মোৰ শুভকামনা জনাইছো। এইখন প্ৰাকৃতিক সৌন্দৰ্য্য আৰু উদ্যোগী লোকৰে আৰ্শীৰাদপুষ্ট এখন ৰাজ্য। পৃথিৱীৰ সকলো প্ৰান্তৰ লোকক ই আকৰ্ষিত কৰে। আগন্তুক বছৰবোৰত গোৱাই প্ৰগতিৰ নতুন উচ্চতা স্পৰ্শ কৰক, মই এই প্ৰাৰ্থনাই জনাইছো”।
ৰাজ্য প্ৰতিস্থা দিৱসত গোৱাবাসীলৈ শুভকামনা প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%A4%E0%A6%BE%E0%A7%B0-%E0%A6%85%E0%A6%AE%E0%A7%83%E0%A6%A4-%E0%A6%AE%E0%A6%B9%E0%A7%8B%E0%A7%8E%E0%A6%B8%E0%A7%B1%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%A4%E0%A6%BE%E0%A7%B0-%E0%A6%85%E0%A6%AE%E0%A7%83%E0%A6%A4-%E0%A6%AE%E0%A6%B9%E0%A7%8B%E0%A7%8E%E0%A6%B8%E0%A7%B1%E0%A7%B0/
নমস্কাৰ, ঔম শান্তি, অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা জী, ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী কালৰাজ মিশ্ৰ জী, ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰীমান অশোক গেহলট জী, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ শ্ৰী কিষাণ ৰেড্ডি জী, ভূপেন্দ্ৰ যাদৱ জী, অৰ্জুন ৰাম মেঘৱাল জী, পুৰষোত্তম ৰূপালা জী আৰু শ্ৰী কৈলাস চোধাৰী জী, ৰাজস্থান বিধানসভাৰ বিৰোধী নেতা শ্ৰী গুলাব চন্দ কাটাৰিয়া জী, ব্ৰহ্মকুমাৰীজ কাৰ্যবাহী সম্পাদক ৰাজযোগী মৃত্যুঞ্জয় জী, ৰাজযোগিনী ভগ্নী মোহিনী জী, ভগ্নী চন্দ্ৰিকা জী, ব্ৰহ্মকুমাৰীৰ অন্যান্য ভগ্নীসকল আৰু সাধক-সাধিকাসকল! কিছুমান এনে স্থান আছে, য’ত নিজৰ এক বেলেগ চেতনা আহে, শক্তিৰ এক পৃথক প্ৰবাহ আহে৷ এই শক্তি সেই মহান ব্যক্তিত্বসকলৰ থাকে, যাক তপস্যাৰ জৰিয়তে বন, পৰ্বত, পাহাৰো জাগ্ৰত হৈ উঠে, মানৱীয় প্ৰেৰণাৰ কেন্দ্ৰত পৰিণত হয়৷ মাউণ্ট আবুৰ জ্যোতিও দাদা লেখৰাজ আৰু তেওঁলোকৰ দৰে বহু সিদ্ধ ব্যক্তিত্বৰ বাবে একেৰাহে বৃদ্ধি পাই আছে৷ আজি এই পবিত্ৰ স্থানৰ পৰা ব্ৰহ্মকুমাৰী সংস্থাৰ দ্বাৰা স্বাধীনতাৰ অমৃত মহোৎসৱৰ পৰা স্বৰ্ণিম ভাৰতৰ দিশে শীৰ্ষক এক বিশাল অভিযানৰ শুভাৰম্ভ হৈছে৷ এই অনুষ্ঠানত স্বৰ্ণিম ভাৰতৰ বাবে চিন্তা আছে, সাধনাও আছে৷ ইয়াত দেশৰ বাবে প্ৰেৰণাও আছে, ব্ৰহ্মকুমাৰীসকলৰ প্ৰয়াসো আছে৷ মই দেশৰ সংকল্পৰে সৈতে, দেশৰ সপোনবোৰৰ সৈতে নিৰৱচ্ছিন্নভাৱে জড়িত হোৱাৰ বাবে ব্ৰহ্মকুমাৰীজ পৰিয়ালক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো৷ আজি এই অনুষ্ঠানত দাদী জানকী, ৰাজযোগিনী দাদী হৃদয় মোহিনী জী সোঁশৰীৰে আমাৰ মাজত উপস্থিত নাই৷ মোৰ প্ৰতি তেওঁলোকৰ যথেষ্ট স্নেহ আছিল৷ আজিৰ এই আয়োজনৰ জৰিয়তে তেওঁলোকৰ আশীৰ্বাদ লাভ কৰা যেন অনুভৱ কৰিছো৷ বন্ধুসকল, যেতিয়া সংকল্পৰ সৈতে সাধনা জড়িত হয়, যেতিয়া প্ৰতিগৰাকী মানৱ মাত্ৰেই আমাৰ মাতৃত্ব জড়িত হয়, নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ বাবে ‘ইন্দ ন মম’ এই ভাৱ জাগ্ৰত হ’বলৈ লয়, তেতিয়া বুজিব আমাৰ সংকল্পসমূহৰ জৰিয়তে এক নতুন কাল জন্ম হ’বলৈ গৈ আছে, এক নতুন সুৰ্যোদয় হ’বলৈ গৈছে৷ সেৱা আৰু ত্যাগৰ এই অমৃতভাৱ আজি অমৃত মহোৎসৱত নতুন ভাৰতৰ বাবে বৃদ্ধি পাই আছে৷ এই ত্যাগ আৰু কৰ্তব্যভাৱেৰে কোটি কোটি দেশবাসীয়ে আজি স্বৰ্ণিম ভাৰতৰ ভেটি ৰচনা কৰিছে৷ আমাৰ আৰু ৰাষ্ট্ৰৰ সপোন পৃথক নহয়, আমাৰ ব্যক্তিগত আৰু ৰাষ্ট্ৰীয় সফলতা পৃথক নহয়৷ ৰাষ্ট্ৰৰ প্ৰগতিয়েই আমাৰ প্ৰগতি৷ আমিয়েই ৰাষ্ট্ৰৰ অস্তিত্ব আৰু ৰাষ্ট্ৰই আমাৰ অস্তিত্ব৷ এই ভাৱ, এই জ্ঞানে নতুন ভাৰতৰ নিৰ্মাণত আমি ভাৰতবাসীয়ে আটাইতকৈ শক্তিশালী হৈছে৷ আজি দেশে যিবোৰ কৰি আছে তাত সকলোৰে প্ৰসায় জড়িত হৈ আছে৷ ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস’ এয়া দেশৰ মুলমন্ত্ৰত পৰিণত হৈছে৷ বৰ্তমান আমি এক এনে ব্যৱস্থা গঢ় দিছো, য’ত ভেদভাৱৰ কোনো স্থান নাই, এনে এক সমাজ গঢ় দিছো, যি সমতা আৰু সামাজিক ন্যায়ৰ আধাৰ শক্তিশালী কৰিছে, আমি এনে এক ভাৰতৰ উত্থান প্ৰত্যক্ষ কৰিছো, যাৰ চিন্তা আৰু দৃষ্টিভংগী নতুন, যাৰ নিৰ্ণয় প্ৰগতিশীল৷ বন্ধুসকল, ভাৰতৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে এই যে যেনেকুৱাই সময় আহক, যিমানেই অন্ধকাৰ আহক, ভাৰতে নিজৰ মুল চৰিত্ৰ অক্ষুণ্ণ ৰাখে৷ আমাৰ যুগ-যুগৰ ইতিহাস ইয়াৰ সাক্ষী৷ সমগ্ৰ বিশ্ব যেতিয়া অন্ধকাৰত ডুবি আছিল, মহিলাসকলক লৈ পুৰণি চিন্তাধাৰাই ঘেৰি ধৰি আছিল, তেতিয়া ভাৰতে মাতৃশক্তিৰ পূজা দেৱীৰ ৰূপত কৰিছিল৷ আমাৰ ইয়াৰ গাৰ্গী, মৈত্ৰেয়ী, অনুসূয়া, অৰুন্ধতী আৰু মদালাসাৰ দৰে বিদুষী মহিলাই সমাজত জ্ঞান দিছিল৷ জটিলতাপূৰ্ণ মধ্যকালতো এই দেশত পত্ৰাধায় আৰু মীৰাবাঈৰ দৰে মহান নাৰী আছিল৷ অমৃত মহোৎসৱত দেশৰ যি স্বাধীনতা সংগ্ৰামৰ ইতিহাস স্মৰণ কৰা হৈছে, তাতো বহু মহিলাই নিজৰ জীৱন আহুতি দিছিল৷ কিন্নুৰৰ ৰাণী চেনম্মা, মাতংগিনী হাজৰা, ৰাণী লক্ষ্মীবাঈ, বীৰাংগনা ঝলকৰী বাঈৰ পৰা আৰম্ভ কৰি সামাজিক ক্ষেত্ৰত অহল্যাবাঈ হোল্কৰ আৰু সাবিত্ৰীবাঈ ফুৰেলৈকে এই দেৱীসকলে ভাৰতৰ পৰিচয় গঢ় দিছিল৷ আজি দেশৰ লাখ লাখ মুক্তিযোদ্ধাৰ লগতে স্বাধীনতা যুঁজত নাৰীশক্তিৰ এই অৱদান স্মৰণ কৰিছে আৰু তেওঁলোকৰ সপোনবোৰ পুৰণ কৰাৰ প্ৰয়াস কৰি আছে৷ সেইবাবে আজি সৈনিক স্কুলসমূহত কন্যাসকলৰ সপোন পুৰণ হৈছে, এতিয়া দেশৰ যিকোনো ছোৱালীয়ে ৰাষ্ট্ৰৰ ৰক্ষাৰ বাবে সেনাত ভৰ্তি হৈ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিব পাৰে, মহিলাসকলৰ জীৱন আৰু কেৰিয়াৰ দুয়োটা একেলগে চলে, ইয়াৰ বাবে মাতৃৰ ভূমিকা বৃদ্ধি কৰাৰ দৰে সিদ্ধান্তও লোৱা হৈছে৷ দেশৰ গণতন্ত্ৰতো মহিলাৰ অংশীদাৰিত্ব বৃদ্ধি পাইছে৷ ২০১৯ৰ নিৰ্বাচনত আমি দেখিছিলো যে কিদৰে পুৰুষতকৈ অধিক মহিলাই ভোটদান কৰিছিল৷আজি দেশৰ চৰকাৰৰ ডাঙৰ ডাঙৰ দায়িত্ব মহিলা মন্ত্রীসকলেই চম্ভালিছে। আটাইতকৈ গৌৰৱৰ কথা এই যে এতিয়া সমাজৰ এই পৰিৱর্তনৰ নেতৃত্ব মহিলাসকলে নিজেই লৈছে৷ শেহতীয়া পৰিসংখ্যাৰ পৰা জনা গৈছে যে ‘বেটী বঁচাও বেটী পঢ়াও’ অভিযানৰ সফলতাৰ পৰা আৰম্ভ কৰি বহু বছৰৰ পাছত দেশত স্ত্রী-পুৰুষৰ অনুপাতো উন্নত হৈছে। এই পৰিৱর্তনে স্পষ্ট সংকেত দিছে যে নতুন ভাৰত কেনে হ’ব, নতুন ভাৰত কিমান সামর্থ্যশালী হ’ব৷ বন্ধুসকল, আপোনালোক সকলোৱে জানে যে আমাৰ ঋষি-মুনিসকলে উপনিষদত ‘তমসো মা জ্যোতির্গময়, মৃত্যোর্মা অমৃতং গময়ঃ!’ৰ প্রার্থনা কৰিছে৷ অর্থাৎ, তেওঁলোকে প্রার্থনা কৰিছে, ‘হে ঈশ্বৰ, আমাক অন্ধকাৰৰ পৰা পোহৰৰ দিশে আগুৱাই যোৱাৰ পথ দেখুওৱা, মৃত্যুৰ পৰা অমৰত্যৰ দিশত আগুৱাই যোৱাৰ পথ দেখাওক’। অমৃত আৰু অমৰত্বৰ পথ বাদ দি জ্ঞানৰ পথ প্রকাশিত নহয়৷ সেইবাবে অমৃতকালৰ এই সময়ত আমাৰ জ্ঞান, অনুসন্ধিৎসু, গৱেষণা আৰু উদ্ভাৱনৰ সময়। আমি এনে এক ভাৰত গঢ়িব লাগিব, যাৰ প্রাচীন পৰম্পৰা আৰু ঐতিহ্যৰ সৈতে যুক্ত থাকিব, আৰু যাৰ বিস্তাৰ আধুনিকতাৰ আকাশত অনন্তগামী হ’ব। আমি নিজা সংস্কৃতি, নিজা সভ্যতা, নিজা সংস্কাৰসমূহক জীৱন্ত ৰাখিব লাগিব৷ আমাৰ আধ্যাত্মিকতাক, আমাৰ বিবিধতাক সংৰক্ষিত আৰু সংবর্ধিত কৰিব লাগিব আৰু ইয়াৰ সমান্তৰালভাৱে প্রযুক্তি, আন্তঃগাঁথনি, শিক্ষা আৰু স্বাস্থ্যৰ ব্যৱস্থাপনাক ক্রমান্বয়ে আধুনিক কৰি তুলিব লাগিব৷ দেশৰ এই প্রচেষ্টাত আপোনালোক সকলোৰে, ব্রহ্মকুমাৰীৰ দৰে আধ্যাত্মিক প্রতিষ্ঠানসমূহৰো বৃহৎ ভূমিকা আছে। মই অতিশয় আনন্দিত যে আপোনালোকে আধ্যাত্মৰ লগতে শিক্ষা, স্বাস্থ্য আৰু কৃষিৰ দৰে বিভিন্ন ক্ষেত্রত কেতবোৰ বৃহৎ উদ্যোগ হাতত লৈছে, সফলতাৰে কাম কৰি দেখুৱাইছে৷ আজি আপোনালোকে যি অভিযান আৰম্ভ কৰিছে, সেই অভিযান আপোনালোকে আগুৱাই নিছে৷ অমৃত মহোৎসৱৰ বাবে আপোনালোকে কেতবোৰ লক্ষ্যও স্থিৰ কৰিছে৷ আপোনালোকৰ এই প্রচেষ্টাই দেশক নিশ্চিতভাৱে এক নতুন প্রাণশক্তি প্ৰদান কৰিব, নতুন শক্তি যোগাব৷ আজি দেশৰ কৃষকসকলক সমৃদ্ধ আৰু আত্মনির্ভৰ কৰি তুলিবলৈ জৈৱিক বা প্রাকৃতিক কৃষিকাৰ্যক সফল কৰি তোলাৰ লক্ষ্যৰে বিভিন্ন প্ৰচেষ্টা হাতত লোৱা হৈছে। খাদ্য, পানীয়, আহাৰৰ শুদ্ধতাক লৈ আমাৰ ব্রহ্মকুমাৰী ভগ্নীসকলেও ক্রমান্বয়ে সমাজক সচেতন কৰি আহিছে৷ কিন্তু উৎকৃষ্ট আহাৰৰ বাবে উৎকৃষ্ট ফচল উৎপাদনো প্রয়োজনীয়। সেইবাবে ব্রহ্মকুমাৰী নেচাৰেল ফাৰ্মিঙক প্ৰচাৰ কৰিবলৈ আৰু প্রাকৃতিক কৃষিক উৎসাহ যোগাবলৈ এক বৃহৎ প্রেৰণাশক্তি হৈ উঠিব পাৰে। কিছু গাঁৱৰ মানুহক প্রেৰণা যোগাই এনে আৰ্হিসমূহ প্ৰস্তুত কৰিব পাৰি, যিবোৰে আনক প্রেৰণা যোগাব। সেইদৰে স্বচ্ছ শক্তি আৰু পৰিৱেশ সুৰক্ষাত ভাৰতৰ বিবিধ উদ্যোগৰ দিশত সমগ্ৰ বিশ্বই চাই গৈছে, সমগ্ৰ বিশ্বৰ ইয়াক লৈ বহু প্রত্যাশা আছে। আজি দেশত স্বচ্ছ শক্তিৰ বহু বিকল্প বিকশিত হৈছে৷ এই বিষয়তো গণ-জাগৰণৰ বাবে বৃহৎ অভিযানৰ প্রয়োজন আছে। ব্রহ্মকুমাৰীয়ে দেশত সৌৰশক্তি উৎপাদন আু ব্যৱহাৰৰ ক্ষেত্রত সকলোৰে সন্মুখত এক উজ্জ্বল উদাহৰণ দাঙি ধৰিছে। দীর্ঘদিন ধৰি তেওঁলোকে নিজৰ আশ্রমৰ ৰান্ধনীঘৰত সৌৰ শক্তিৰ জৰিয়তে ৰন্ধন কাৰ্য কৰি আহিছে৷ সেয়েহে দেশৰ জনতাই যাতে অধিক পৰিমাণে সৌৰশক্তি ব্যৱহাৰ কৰে সেয়া সুনিশ্চিত কৰাৰ ক্ষেত্রতো আপোনালোকৰ সহযোগিতা যথেষ্ট কাম আহিব৷ সেইদৰে আপোনালোক সকলোৱে মিলি আত্মনির্ভৰ ভাৰত অভিযানক আৰু অধিক গতি প্রদান কৰিব পাৰে। আমি ‘ভোকেল ফৰ লোকেল’ মন্ত্রক গুৰুত্ব দি, স্থানীয় সামগ্ৰীসমূহক অগ্রাধিকাৰ দি এই অভিযানক আৰু অধিক আগুৱাই নিব পাৰো৷ বন্ধুসকল, অমৃতকালৰ এই সময় শুই থাকি সপোন দেখাৰ নহয়, এই সময় জাগ্রত অৱস্থাত নিজৰ সংকল্প বাস্তবায়িত কৰাৰ। অহা ২৫ বছৰ আমি সকলোৰে কঠোৰ পৰিশ্রম, ত্যাগ, তপস্যাৰ ২৫ বছৰ হ’বলৈ গৈছে৷ কেইবা শ বছৰৰ দাসত্বৰ সময়ত আমাৰ সমাজে যি হেৰুৱাইছে এই ২৫ বছৰৰ সময়ছোৱাত আমি সেই সকলো আকৌ ঘুৰাই আনিব লাগিব৷ সেইবাবে স্বাধীনতাৰ এই অমৃত মহোৎসৱত আমাৰ লক্ষ্য ভৱিষ্যতক কেন্দ্র কৰিয়েই স্থিৰ কৰিব লাগিব৷ বন্ধুসকল, আমাৰ সমাজৰ এক অদ্ভূত সামর্থ্য আছে। এয়া এনে এখন সমাজ য’ত পৌৰাণিকতাৰ আদৰ আছে আৰু নিত্য নতুনৰ আৱাহনৰ ব্যৱস্থা আছে। যদিও কোনোৱে এইকথা অস্বীকাৰ কৰিব নোৱাৰে যে সময়ৰ সৈতে কেতবোৰ কু-সংস্কাৰ, কেতবোৰ ত্রুটি-বিচ্যুতি ব্যক্তিৰ মাজত যেনে সমাজৰ মাজতো তেনেকৈয়ে আৰু দেশৰ মাজতো তেনেকৈয়ে প্রভাব বিস্তাৰ কৰে। কিন্তু যিসকল সচেতন, সেইসকলে এই ত্রুটি-বিচ্যুতি, কু-সংস্কাৰসমূহ বুজিব পাৰে, চিহ্নিত কৰিব পাৰে। তেওঁলোকেই এই ‘কু’ৰ পৰা ৰক্ষা পৰাৰ ক্ষেত্রত সফল হয়। এনে লোকসকলেই নিজৰ জীৱনত প্রতিটো লক্ষ্য অর্জন কৰিব পাৰে। আমাৰ সমাজৰ বৈশিষ্ট্য হ’ল যে ইয়াত বিশালতাও আছে, বৈচিত্ৰও আছে আৰু হাজাৰ হাজাৰ বছৰৰ যাত্রাৰ অভিজ্ঞতাও আছে। সেইবাবে আমাৰ সমাজৰ পৰিৱর্তিত প্রতিটো যুগৰ সৈতে নিজক মানি লোৱাৰ এক স্বতন্ত্র শক্তি আছে, এক আভ্যন্তৰীণ শক্তি আছে। আমাৰ সমাজৰ আটাইতকৈ ডাঙৰ শক্তি হ’ল সমাজৰ ভিতৰৰ পৰাই বিভিন্ন সময়ত সেই সমাজক শুধৰাই দিয়াৰ দৰে সমাজ সংস্কাৰকসকলে উঠি আহিছে আৰু তেওঁলোকেই সমাজত প্ৰচলিত কু-সংস্কাৰৰ বিৰুদ্ধে মাজত মাতিছে৷ আমি এইটোও দেখিছো যে সমাজ সংস্কাৰৰ প্রাৰম্ভিক বছৰসমূহত প্রায়েই এনে মহান ব্যক্তিসকলৰ অসংখ্য লোক বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হয়। বহু তিৰস্কাৰ সহ্য কৰিবলগীয়া হয়। কিন্তু এই সিদ্ধ লোকসকলে এই বিৰোধিতা আৰু তিৰস্কাৰত পিছহুহকি গৈ সমাজ সংস্কাৰৰ কামৰ পৰা নিজৰ আঁতৰাই অনা নাই৷ তেওঁলোক নিজৰ স্থিতিত অটল আছে৷ সময়ৰ লগতে সমাজেও এটা সময়ত তেওঁলোকক চিনিব পাৰে, তেওঁলোকক মান-সন্মান দিয়ে আৰু তেওঁলোকৰ শিক্ষাক গ্রহণ কৰে। বন্ধুসকল, প্রত্যেক যুগৰ সময়ছোৱাত মূল্যবোধৰ ভিত্তিত সমাজক সজাগ কৰি ৰখা, সমাজক দোষমুক্ত কৰি ৰখা এয়া অতিশয় অনিবার্য আৰু ক্রমান্বয়ে চলি থকা এক প্রক্রিয়া। সেই সময়ৰ প্রজন্মইও সমান দায়িত্ব পালন কৰিব লাগে৷ ব্যক্তিগতভাৱে আমি সকলোৱে, সংগঠন হিচাপেও ব্রহ্মকুমাৰীৰ দৰে লাখ লাখ সংগঠন সকলোৱে দেশত এই কাম কৰিছে। কিন্তু আমি এইটো কথাও মানি ল’ব লাগিব যে স্বাধীনতাৰ পাছত ৭৫ বছৰত আমাৰ সমাজত, আমাৰ ৰাষ্ট্রত এটা দোষ ক্রমে সকলোৰে মাজত প্রভাৱ বিস্তাৰ কৰিছে। সেই দোষটো হ’ল নিজৰ কর্তব্যসমূহৰ পৰা বিমুখ হোৱা, নিজৰ কর্তব্যসমূহক সর্বোপৰি বুলি নভৱা৷ বিগত ৭৫ বছৰত আমি কেৱল অধিকাৰৰ কথা কৈ আহিছো, অধিকাৰসমূহৰ বাবে যুঁজ কৰি আহিছো, অধিকাৰসমূহৰ বাবে সকলো প্রতিকূলতাৰ বিৰুদ্ধে যুঁজ দি বহু সময় ব্যয় কৰিছো৷ এই অধিকাৰক লৈ যুঁজ বহু ক্ষেত্রত প্রয়োজনীয়। অলপ সময়ৰ বাবে কোনো পৰিস্থিতিত এইটো সঠিক হ’ব পাৰে, কিন্তু নিজৰ কর্তব্যসমূহক সম্পূর্ণৰূপে পাহৰি যোৱা বিষয়টোৱে ভাৰতক দুর্বল কৰাত বৃহৎ ভূমিকা পালন কৰিছে। কর্তব্যসমূহক অগ্রাধিকাৰ নিদিয়াৰ বাবেই স্বাধীন ভাৰতে বহু মূল্যবান সময় নষ্ট কৰিছে। এই ৭৫ বছৰত কর্তব্যসমূহক দূৰত ৰখাৰ ফলতে যি ব্যৱধানৰ সৃষ্টি হৈছে, কেৱল অধিকাৰক লৈ কথা কোৱাৰ ফলত সমাজত যি অসম্পূর্ণতা দেখা গৈছে, সেয়া সম্পূর্ণ কৰিবলৈ আমি সকলোৱে মিলি অহা ২৫ বছৰত কর্তব্য সাধনাৰ মাধ্যমেৰে সেয়া পূৰণ কৰিব লাগিব৷ ব্রহ্মকুমাৰীজৰ দৰে সংস্থাসমূহে অহা ২৫ বছৰত এটা মন্ত্র ৰচনা কৰি ভাৰতৰ প্রতিগৰাকী নাগৰিকক কর্তব্যৰ বাবে সজাগ কৰি তুলি যথেষ্ট পৰিৱর্তন আনিব পাৰে। ব্রহ্মকুমাৰীজ আৰু আপোনালোকৰ দৰে অন্য সকলো সামাজিক সংস্থাৰ প্রতি মোৰ অনুৰোধ, আপোনালোকে এই মন্ত্র ৰচনাৰ কাম নিশ্চিত কৰিব। সেই মন্ত্র হ’ল দেশৰ নাগৰিকসকলৰ মনত কর্তব্য ভাৱনাৰ প্রসাৰ। আপোনালোক সকলোৱে নিজৰ শক্তি আৰু সময় প্রতিজন মানুহৰ মনত কর্তব্যবোধ জাগ্রত কৰাৰ বাবে নিশ্চিতভাৱে নিয়োজিত কৰক আৰ ব্রহ্মকুমাৰীজৰ দৰে সংস্থাসমূহে যিদৰে দশকৰ পাছত দশক ধৰি কর্তব্যৰ পথত আগুৱাই গৈছে, তেওঁলোকে এই কাম ভালদৰে কৰিব পাৰে। আপোনালোকেই সেইসকল লোক যিসকলে কর্তব্যৰ খাতিৰত নিজক গঢ়ি তুলিছে, নিয়মীয়াকৈ কাম কৰিছে আৰু নিয়মীয়াকৈ কর্তব্য পালন কৰিছে। সেইবাবে যি ভাৱনা লৈ আপোনালোকে নিজৰ সংস্থাত কাম কৰে, সেই কর্তব্য ভাৱনাৰ প্রসাৰ যেন সমাজৰ মাজত হয়, দেশৰ মাজত হয়, দেশৰ জনগণৰ মাজত হয়, সেয়া সুনিশ্চিত কৰক এয়াই স্বাধীনতাৰ এই অমৃত মহোৎসৱত আপোনালোকৰ ফালৰ পৰা দেশৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ হ’ব৷ আপোনালোক সকলোৱেই হয়তো এটা কাহিনী শুনিছে। এটা কোঠাত অন্ধকাৰ আছিল। তেতিয়া সেই অন্ধকাৰ দূৰ কৰাৰ বাবে মানুহে নিজৰ দৰে কৰি, নিজা পদ্ধতিৰে বিভিন্ন ধৰণে চেষ্টা কৰিছিল। কিন্তু যেতিয়া এজন বুদ্ধিমান ব্যক্তিয়ে এক ক্ষুদ্ৰ বন্তি জ্বলাই দিলে, তেতিয়া অন্ধকাৰ মুহূৰ্ততে দূৰ হৈ গ’ল। কর্তব্যৰ শক্তি এনেকুৱাই। এই শক্তি সৰু সৰু প্রচেষ্টাৰ। আমি সকলোৱে দেশৰ প্রতিজন নাগৰিকৰ হৃদয়ত এগছি বন্তি জ্বলাব লাগিব-কর্তব্যৰ বন্তি জ্বলাব লাগিব। আমি সকলোৱে মিলি দেশক কর্তব্যৰ পথত আগুৱাই নিব লাগিব। তেতিয়াহে সমাজৰ প্ৰচলিত দোষসমূহো দূৰ হ’ব আৰু দেশেও নতুন উচ্চতাত উপনীত হ’ব৷ যিসকলে ভাৰতভূমিক ভাল পায়, যিসকলে ভাৰতভূমিক মা বুলি ভাৱে, তেওঁলোক সকলোৱেই দেশক নতুন উচ্চতাত উপনীত কৰিব বিচাৰে৷ কোটি কোটি জনগণৰ জীৱনত আনন্দ আনিব বিচাৰে৷ সেইবাবে আমিৰ প্রত্যেকেই কর্তব্য কৰাৰ প্রৱণতাত জোৰ দিব লাগিব৷ বন্ধুসকল, আজিৰ এই কাৰ্যসূচীত আমি আন এটা বিষয় আপোনালোকক ক’ব বিচাৰো৷ আপোনালোক সকলো সাক্ষী যে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত ভাৰতৰ ছবি বেয়া কৰিবলৈ বিভিন্ন ধৰণৰ প্রচেষ্টা চলি থাকে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনে বহু প্ৰচেষ্টা চলে। আমি কেৱল এই কোৱা নাই যে ইয়াৰ অন্তৰালত কেৱল ৰাজনীতি আছে। ৰাজনীতিৰ নাম লৈ আমি ইয়াক ক্ষুদ্ৰ কৰি দেখুৱাব নোৱাৰো, কাৰণ ইয়াত আমাৰ দেশৰ স্বার্থ জড়িত আছে। যেতিয়া আমি স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিছো, তেতিয়া আমাৰ ওপৰত এই দায়িত্বও পৰিছে যে বিশ্বই যাতে ভাৰতক সঠিকভাবে জানে সেয়া সুনিশ্চিত কৰা। এই ধৰণৰ সংস্থাসমূহ, যাৰ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রতো বিশ্বৰ বহু দেশত উপস্থিতি শক্তিশালী, তেওঁলোকক অনুৰোধ, তেওঁলোকে যেন অন্যান্য দেশৰ লোকসকলৰ ওচৰত ভাৰতৰ সঠিক ছবি তুলি ধৰে। ভাৰত সম্পর্কে যিবোৰ গুজৱ প্ৰচাৰ হৈছে, সেইবোৰৰ সত্যতা সম্পর্কে তাৰ লোকসকলে যাতে জানিব পাৰে। তেওঁলোকক সঠিক তথ্য দি সজাগ কৰাটোও আমাৰ সকলোৰে দায়িত্ব। ব্রহ্মকুমাৰীজৰ দৰে সংস্থাসমূহে এই কাম আগুৱাই নিয়াৰ বাবে আন এক প্রচেষ্টা গ্ৰহণ কৰিব পাৰে। যিসমূহ দেশত আপোনালোকৰ শাখা আছে, তাত আপোনালোকে এই প্ৰচেষ্টা হাতত ল’ব পাৰে যি প্রত্যেক শাখাৰ পৰা প্রতি বছৰি অতি কমেও ৫০০জন লোকে ভাৰত দর্শন কৰিবলৈ আহে৷ ভাৰতক জনাৰ বাবে আহিব আৰু এই ৫০০জনৰ মাজত যে প্রত্যেকেই প্রবাসী ভাৰতীয় হ’ব লাগিব এনে কোনো কথা নাই। এইটো চাব যাতে তেওঁলোকৰ মাজত বহুতেই যেন সেই দেশৰ নাগৰিক হয়৷ মই ভাৰতীয় বংশোদ্ভূতসকলৰ কথা কোৱা নাই। আপোনালোকে দেখিব যদি ভাৰতীয় বংশোদ্ভূত নহয় এনে লোকক আমন্ত্রণ জনাই ভাৰতলৈ আনিব পাৰে, তেওঁলোকে আমাৰ দেশক চাওক, ইয়াৰ প্রতিটো বিষয় বুজি পাওক, তেতিয়াহলে তেওঁলোকে অজানিতে ভাৰতৰ যিবোৰ ভাল, সেইবোৰ নিজৰ লগত তেওঁলোকৰ দেশলৈ নিব পাৰিব। আপোনালোকৰ এই ধৰণৰ প্রচেষ্টাত বহু পার্থক্য থাকিব পাৰে। বন্ধুসকল, পৰমার্থ সঞ্চয় কৰাৰ ইচ্ছা প্রত্যেকৰে মনত থাকে। কিন্তু আমি এই কথা পাহৰিলে নহ’ব যে পৰমার্থ আৰু অর্থ যেতিয়া একেলগে মিলে, তেতিয়াই সফল জীৱন, সফল সমাজ আৰু সফল ৰাষ্ট্র নির্মাণ সহজ হৈ উঠে। অর্থ আৰু পৰমার্থৰ এই সামঞ্জস্যৰ দায়িত্ব সদায় ভাৰতৰ আধ্যাত্মিক সত্ত্বাৰ বাবে আছিল। মোৰ দৃঢ় বিশ্বাস, সম্পূর্ণ ভৰসা আছে যে ভাৰতৰ আধ্যাত্মিক সত্ত্বা আপোনালোকৰ দৰে সকলো ভগ্নীয়ে এই দায়িত্ব আৰু সম্পূর্ণ পৰিপক্কতাৰে পালন কৰিব। আপোনালোকৰ এই প্রচেষ্টা দেশৰ অন্যান্য সংস্থা, অন্যান্য সংগঠনকো স্বাধীনতাৰ অমৃত মহোৎসৱত নতুন লক্ষ্য নির্ধাৰণৰ বাবে প্রেৰণা যোগাব। অমৃত মহোৎসৱৰ আচল শক্তি হ’ল দেশৰ প্রতিজন লোকৰ মন, দেশৰ মানুহৰ সমর্পণ। আপোনালোকৰ প্রচেষ্টাত ভাৰত অনাগত দিনসমূহে আৰু ক্ষিপ্ৰতাৰে স্বৰ্ণিম ভাৰত গঢ়াৰ দিশত আগুৱাই যাব। এই বিশ্বাসেৰে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছো! ঔম শান্তি!
‘স্বাধীনতাৰ অমৃত মহোৎসৱৰ পৰা স্বৰ্ণিম ভাৰতৰ দিশে’ অনুষ্ঠানৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A6%BE%E0%A6%96%E0%A6%BE%E0%A6%AA%E0%A6%9F%E0%A7%8D%E0%A6%9F%E0%A6%A8%E0%A6%AE%E0%A6%A4-%E0%A6%95%E0%A7%87%E0%A6%87%E0%A6%AC%E0%A6%BE%E0%A6%9F%E0%A6%BE%E0%A6%93-%E0%A6%AA/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A6%BE%E0%A6%96%E0%A6%BE%E0%A6%AA%E0%A6%9F%E0%A7%8D%E0%A6%9F%E0%A6%A8%E0%A6%AE%E0%A6%A4-%E0%A6%95%E0%A7%87%E0%A6%87%E0%A6%AC%E0%A6%BE%E0%A6%9F%E0%A6%BE%E0%A6%93-%E0%A6%AA/
(স্থানীয় ভাষাত শুভেচ্ছা) অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী বিশ্বভূষণ জী, মুখ্যমন্ত্ৰী শ্ৰীযুত জগন মোহন ৰেড্ডী জী, মোৰ কেবিনেট সহযোগী অশ্বিনী বৈষ্ণৱ জী, ইয়াত উপস্থিত থকা আন বিশিষ্ট ব্যক্তিসকল আৰু মোৰ অন্ধ্ৰপ্ৰদেশৰ ভাই-ভনীসকল! মাত্ৰ কেইমাহমান আগতে আপোনালোক সকলোৰে সৈতে বিপ্লৱ বীৰুদু আল্লুৰি সীতাৰমৰাজু জীৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সৌভাগ্য হৈছিল। আজি আকৌ এবাৰ অন্ধ্ৰ ভূমিলৈ এনে এটা অনুষ্ঠানত আহিছো যিটো অন্ধ্ৰ প্ৰদেশ আৰু বিশাখাপট্টনমৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন। বিশাখাপট্টনম ভাৰতৰ এখন অতি বিশেষ চহৰ। ইয়াত ব্যৱসায়ৰ এক চহকী পৰম্পৰা সদায়েই চলি আহিছে। বিশাখাপট্নম প্ৰাচীন ভাৰতৰ এক গুৰুত্বপূৰ্ণ বন্দৰ আছিল। এই বন্দৰৰ জৰিয়তে হাজাৰ হাজাৰ বছৰৰ আগতেও আৰু পশ্চিম এছিয়া আৰু ৰোমলৈকে অঞ্চলসমূহৰ সৈতে বাণিজ্য চলিছিল। আৰু আজিও বিশাখাপট্টনম ভাৰতৰ বাণিজ্যৰ কেন্দ্ৰবিন্দু হৈয়েই আছে। ১০ হাজাৰ কোটিতকৈও অধিক টকাৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন অন্ধ্ৰপ্ৰদেশ আৰু বিশাখাপট্টনমৰ আকাংক্ষা পূৰণৰ এক উপায় হৈ পৰিব। এই আঁচনিসমূহে আন্তঃগাঁথনি, জীৱন-যাপনৰ সুবিধা আৰু স্বাৱলম্বী ভাৰতৰ দৰে বহু নতুন মাত্ৰা মুকলি কৰাই নহয়, উন্নয়নৰ যাত্ৰাক নতুন উচ্চতালৈ লৈ যাব। ইয়াৰ বাবে অন্ধ্ৰ প্ৰদেশৰ সকলো ৰাইজলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে এই সুযোগতে আমাৰ দেশৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত ভেংকয়া নাইডু গাৰু আৰু শ্ৰীযুত হৰি বাবুক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যেতিয়াই লগ পাওঁ তেতিয়াই অন্ধ্ৰ উন্নয়নৰ কথা বহুত কথা পাতো। অন্ধ্ৰলৈ তেওঁলোকৰ মৰম আৰু সমৰ্পণৰ কোনো তুলনা নাই। বন্ধুসকল, অন্ধ্ৰ প্ৰদেশৰ মানুহৰ এটা অতি বিশেষ গুণ আছে। স্বভাৱতে তেওঁলোক অতি মৰমিয়াল আৰু কঠোৰ পৰিশ্ৰমী। আজি পৃথিৱীৰ প্ৰায় প্ৰতিটো কোণতে অন্ধ্ৰ প্ৰদেশৰ মানুহে প্ৰতিটো ক্ষেত্ৰতে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি আছে। শিক্ষা হওক বা ব্যৱসায়, প্ৰযুক্তি হওক বা চিকিৎসা বৃত্তি হওক, অন্ধ্ৰ প্ৰদেশৰ জনসাধাৰণে প্ৰতিটো ক্ষেত্ৰতে এক সুকীয়া পৰিচয় গঢ়ি তুলিছে। এই পৰিচয় কেৱল তেওঁলোকৰ পেছাদাৰী গুণৰ বাবেই নহয়, তেওঁলোকৰ বন্ধুত্বপূৰ্ণ স্বভাৱৰ বাবেও সৃষ্টি হৈছে। অন্ধ্ৰ প্ৰদেশৰ জনসাধাৰণৰ উল্লাসিত আৰু সজীৱ ব্যক্তিত্বই সকলোকে নিজৰ অনুৰাগী কৰি তুলিছে। তেলেগু ভাষী মানুহে সদায় উৎকৃষ্টতাৰ সন্ধানত থাকে। তেওঁলোকে সদায় ভাল কাম কৰিবলৈ চেষ্টা কৰে। মই আনন্দিত যে যিবোৰ উন্নয়ন প্ৰকল্প হয় উদ্বোধন কৰা হৈছে নহয় আজি আধাৰশিলা স্থাপন কৰা হৈছে, সেইবোৰেও অন্ধ্ৰপ্ৰদেশৰ অগ্ৰগতিৰ গতি আৰু অধিক উন্নত কৰিব। বন্ধুসকল, ‘আজাদি কা অমৃত কাল’ত উন্নত ভাৰতৰ লক্ষ্যৰে দেশখনে উন্নয়নৰ পথত দ্ৰুতগতিত আগবাঢ়িছে। উন্নয়নৰ এই যাত্ৰা বহুমুখী। ইয়াৰ ভিতৰত সাধাৰণ নাগৰিকৰ জীৱন সম্পৰ্কীয় প্ৰয়োজনীয়তাৰ প্ৰতি আমাৰ চিন্তাও অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও উন্নত আধুনিক আন্তঃগাঁথনিৰ উন্নয়নও অন্তৰ্ভুক্ত কৰা হৈছে। আন্তঃগাঁথনিৰ প্ৰতি আমাৰ দৃষ্টিভংগীও আজিৰ কাৰ্যসূচীত স্পষ্টকৈ দেখা গৈছে। আমাৰ দৃষ্টিভংগী হৈছে সৰ্বাংগীন বৃদ্ধি আৰু সৰ্বাংগীন বৃদ্ধি নিশ্চিত কৰা। আন্তঃগাঁথনিৰ সন্দৰ্ভত আমি কেতিয়াও আমাৰ সময় নষ্ট কৰা নাই যেনে: ৰে’লৱে উন্নয়ন কৰা নে পথ পৰিবহণ? বন্দৰ বা ঘাইপথত গুৰুত্ব দিব লাগে নেকি? আন্তঃগাঁথনিৰ এই বিচ্ছিন্ন দৃষ্টিভংগীৰ বাবে দেশখনে বহু ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ফলত যোগান শৃংখলত প্ৰভাৱ পৰিল আৰু লজিষ্টিক খৰচ বৃদ্ধি পালে। বন্ধুসকল, যোগান শৃংখল আৰু লজিষ্টিক বহু-মডাল সংযোগৰ ওপৰত নিৰ্ভৰশীল। সেইবাবেই আমি আন্তঃগাঁথনি উন্নয়নৰ বাবে এক নতুন পন্থা গ্ৰহণ কৰিলোঁ। আমি উন্নয়নৰ এক সংহত দৃষ্টিভংগীৰ ওপৰত আমাৰ মনোযোগ কেন্দ্ৰীভূত কৰিলোঁ। আজি যিটো অৰ্থনৈতিক কৰিডৰৰ আধাৰশিলা স্থাপন কৰা হৈছে, তাত ৬ লেন পথৰ ব্যৱস্থা আছে। লগতে বন্দৰলৈ যাবলৈ এটা সুকীয়া পথো থাকিব। এফালে আমি বিশাখাপট্টনম ৰেলৱে ষ্টেচন সৌন্দৰ্য্যবৰ্ধন কৰিছো, আনফালে অত্যাধুনিক মাছ ধৰা বন্দৰ গঢ়ি তুলিছো। বন্ধুসকল, আন্তঃগাঁথনিৰ এই সংহত পন্থা প্ৰধানমন্ত্ৰীৰ গতি শক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনিৰ দ্বাৰা সম্ভৱ হৈছে। গতিশীল পৰিকল্পনাই আন্তঃগাঁথনি উন্নয়নৰ গতি ত্বৰান্বিত কৰাই নহয়, প্ৰকল্পৰ খৰচো হ্ৰাস কৰিছে। বহুমুখী পৰিবহণ ব্যৱস্থা প্ৰতিখন চহৰৰ ভৱিষ্যত আৰু ইয়াৰ দিশত এখোজ আগুৱাই লৈ গৈছে বিশাখাপট্টনমে। মই জানো যে অন্ধ্ৰবাসীয়ে এই প্ৰকল্পবোৰৰ বাবে বহুদিনৰ পৰা অপেক্ষা কৰি আছে। আৰু আজিৰ অপেক্ষাৰ অন্ত পৰাৰ লগে লগে অন্ধ্ৰপ্ৰদেশ আৰু ইয়াৰ উপকূলীয় অঞ্চলসমূহে এক নতুন গতিৰে উন্নয়নৰ এই দৌৰত আগবাঢ়ি যাব। বন্ধুসকল, আজি সমগ্ৰ বিশ্বই প্ৰত্যাহ্বানৰ নতুন যুগৰ মাজেৰে পাৰ হৈ গৈছে। কিছুমান দেশত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱ হোৱাৰ বিপৰীতে কিছুমান দেশত শক্তিৰ সংকট হৈছে। প্ৰায় প্ৰতিখন দেশেই ইয়াৰ অৰ্থনৈতিক বিকাশ হ্ৰাস পোৱাৰ বাবে চিন্তিত। কিন্তু মুঠতে ভাৰতবৰ্ষই অগণন পথাৰত বহু উচ্চতালৈ উৰি গৈছে। ভাৰতে লিখিছে উন্নয়নৰ এক নতুন কাহিনী। আপুনি অনুভৱ কৰি থকাৰ সময়তে সমগ্ৰ বিশ্বই ইয়াৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে। আপুনি নিশ্চয় লক্ষ্য কৰি আছে যে বিশেষজ্ঞ আৰু বুদ্ধিজীৱীসকলে কেনেদৰে ভাৰতৰ প্ৰশংসা কৰিছে। আজি ভাৰত সমগ্ৰ বিশ্বৰ আশাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এইটো সম্ভৱ হৈছে কাৰণ ভাৰতে আজি নিজৰ নাগৰিকৰ আশা-আকাংক্ষা আৰু প্ৰয়োজনীয়তাক আগস্থানত ৰাখি কাম কৰে। আমি লোৱা প্ৰতিটো নীতি আৰু প্ৰতিটো সিদ্ধান্তৰ একমাত্ৰ উদ্দেশ্য সাধাৰণ মানুহৰ জীৱন উন্নত কৰা। আজি ভাৰতত পি এল আই আঁচনি, জি এছ টি, আই বি চি, ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইন আৰু গতিশক্তি আদি নীতিৰ বাবে বিনিয়োগ বৃদ্ধি পাইছে। একে সময়তে দৰিদ্ৰ লোকৰ কল্যাণৰ লক্ষ্যৰে প্ৰকল্পসমূহো অহৰহ সম্প্ৰসাৰিত হৈ আছে। এই উন্নয়নৰ যাত্ৰাত আজি দেশৰ সেই অঞ্চলসমূহো অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰ পূৰ্বতে পিছপৰা আছিল। অতি পিছপৰা জিলাসমূহতো অভিলাষী জিলা কাৰ্যসূচীৰ জৰিয়তে উন্নয়ন সম্পৰ্কীয় প্ৰকল্পসমূহ ৰূপায়ণ কৰা হৈছে। যোৱা ডেৰ-দুবছৰ ধৰি দেশৰ কোটি কোটি দৰিদ্ৰ লোকক বিনামূলীয়াকৈ খাদ্য শস্য প্ৰদান কৰা হৈছে। বিগত সাড়ে তিনি বছৰ ধৰি প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ জৰিয়তে প্ৰতি বছৰে কৃষকৰ একাউণ্টত পোনপটীয়াকৈ ৬ হাজাৰ টকা জমা হৈ আহিছে। একেদৰে সূৰ্য্য উদয় খণ্ডৰ ওপৰত আমাৰ নীতিয়ে যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে। ড্ৰ’নৰ পৰা আৰম্ভ কৰি গেমিং, মহাকাশৰ পৰা আৰম্ভ কৰি ষ্টাৰ্ট-আপলৈকে আমাৰ নীতিৰ বাবেই প্ৰতিটো খণ্ডই লাভৱান হোৱাৰ সুযোগ পাইছে। বন্ধুসকল, এতিয়া কিষাণ ক্ৰেডিট কাৰ্ডৰ দৰে সুবিধাও মাছমৰীয়াৰ বাবে উপলব্ধ। আজি বিশাখাপট্টনম মাছ ধৰা বন্দৰৰ আধুনিকীকৰণৰ কাম আৰম্ভ হৈছে। ই আমাৰ মাছমৰীয়াসকলৰ জীৱন সহজ কৰি তুলিব। দৰিদ্ৰৰ শক্তি বৃদ্ধি হোৱাৰ লগে লগে, আৰু আধুনিক আন্তঃগাঁথনিৰ সৈতে জড়িত সুযোগসমূহৰ সুবিধা লাভ কৰাৰ লগে লগে আমাৰ উন্নত ভাৰতৰ সপোনও বাস্তৱায়িত হ’ব। বন্ধুসকল, যুগ যুগ ধৰি সাগৰ ভাৰতৰ বাবে ধন-সম্পত্তি আৰু সমৃদ্ধিৰ উৎস হৈ আহিছে, আমাৰ বন্দৰবোৰে এই সমৃদ্ধিৰ দুৱাৰমুখ হিচাপে কাম কৰি আহিছে। বন্দৰকেন্দ্ৰিক উন্নয়নৰ বাবে আজি দেশত হাজাৰ হাজাৰ কোটিৰ প্ৰকল্প চলি আছে। ভৱিষ্যতে সেইবোৰ অধিক ব্যাপক হ’ব। আজি একবিংশ শতিকাৰ ভাৰতে সামগ্ৰিক বিকাশৰ ধাৰণাটো কাৰ্যকৰী কৰি তুলিছে। মই নিশ্চিত, দেশৰ উন্নয়নৰ এই অভিযানত অন্ধ্ৰ প্ৰদেশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই সংকল্পৰে আপোনালোকক আকৌ এবাৰ বহুত বহুত ধন্যবাদ! দুয়োখন হাত ওপৰলৈ তুলি মোৰ লগত জোৰেৰে কওক- ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়! অশেষ ধন্যবাদ!
বিশাখাপট্টনমত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%A7%E0%A6%BE-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%AE%E0%A7%80-%E0%A6%B8%E0%A7%8E%E0%A6%B8%E0%A6%82%E0%A6%97-%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B8-%E0%A6%B8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%A7%E0%A6%BE-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%AE%E0%A7%80-%E0%A6%B8%E0%A7%8E%E0%A6%B8%E0%A6%82%E0%A6%97-%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B8-%E0%A6%B8/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাধা স্বামী সৎসংগ ব্যাস সাক্ষাৎ কৰে৷ তেওঁ বাবা গুৰিন্দৰ সিং ধিলনৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ কাম-কাজ প্ৰত্যক্ষ কৰে৷ প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়, “ৰাধা স্বামী সৎসংগ ব্যাসলৈ গৈ তেওঁলোকে কৰি থকা ব্যতিক্ৰমী কামবোৰ চাবলৈ সুযোগ পাই আনন্দিত হৈছো। লগতে বাবা গুৰিন্দৰ সিং ধিলন জীৰ সৈতেও এক অন্তৰ্দৃষ্টিসম্পন্ন মত বিনিময় কৰো, যাৰ সেৱাৰ প্ৰতি থকা আগ্ৰহ প্ৰশংসনীয় আৰু প্ৰেৰণাদায়ক৷”
ৰাধা স্বামী সৎসংগ ব্যাস সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%81%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A7%8B%E0%A6%97-%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BF%E0%A6%A4%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%AA%E0%A6%95-%E0%A6%86%E0%A6%A8%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%81%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A7%8B%E0%A6%97-%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BF%E0%A6%A4%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%AA%E0%A6%95-%E0%A6%86%E0%A6%A8%E0%A7%8D/
মহামান্য বিশেষজ্ঞ, শিক্ষাবিদ, ব্যৱসায়িক নেতা, নীতি নিৰ্ধাৰক, আৰু সমগ্ৰ বিশ্বৰ মোৰ মৰমৰ বন্ধুসকল, নমস্কাৰ! দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ চতুৰ্থ সংস্কৰণত আপোনালোকৰ সৈতে যোগদান কৰি মই আনন্দিত। আৰম্ভণিতে, আমি নিজকে মনত পেলাই দিব লাগিব যে বহনক্ষম উন্নয়ন লক্ষ্যৰ গাম্ভীৰ্যপূৰ্ণ প্ৰতিশ্ৰুতি হৈছে কাকো এৰি নিদিয়া। সেয়েহে, আমি আটাইতকৈ দৰিদ্ৰ আৰু আটাইতকৈ দুৰ্বল লোকসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ, তেওঁলোকৰ আশা-আকাংক্ষা উপলব্ধি কৰিবলৈ পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি। আৰু, আন্তঃগাঁথনি কেৱল মূলধনসম্পদ সৃষ্টি কৰা আৰু বিনিয়োগৰ ওপৰত দীৰ্ঘম্যাদী লাভ সৃষ্টি কৰাৰ বিষয়ে নহয়। এইটো সংখ্যাৰ বিষয়ে নহয়। এইটো টকাৰ বিষয়ে নহয়। এইটো মানুহৰ বিষয়ে। ই তেওঁলোকক উচ্চ মানদণ্ডৰ, নিৰ্ভৰযোগ্য আৰু বহনক্ষম সেৱা সমানভাৱে প্ৰদান কৰাৰ বিষয়ে। যিকোনো আন্তঃগাঁথনি বিকাশৰ কাহিনীৰ কেন্দ্ৰবিন্দু হ’ব লাগিব মানুহ। আৰু, আমি ভাৰতত ঠিক সেইটোৱেই কৰি আছো। আমি ভাৰতত মৌলিক সেৱাৰ ব্যৱস্থা বৃদ্ধি কৰাৰ লগে লগে… শিক্ষাৰ পৰা স্বাস্থ্যলৈকে, খোৱা পানীৰ পৰা অনাময়লৈকে, বিদ্যুতৰ পৰা পৰিবহনলৈকে, আৰু বহুতো, আমি জলবায়ু পৰিৱৰ্তনৰ সৈতে অতি পোনপটীয়াকৈ মোকাবিলা কৰি আছো। বন্ধুসকল, আন্তঃগাঁথনিৰ বিকাশে মানৱ সম্ভাৱনাক উল্লেখনীয় উপায়েৰে উন্মোচিত কৰিব পাৰে। কিন্তু, আমি আমাৰ আন্তঃগাঁথনিক সহজ ভাৱে ল’ব নালাগে। এই প্ৰণালীবোৰৰ জলবায়ু পৰিৱৰ্তনকে ধৰি জ্ঞাত আৰু অজ্ঞাত বহুতো প্ৰত্যাহ্বান আছে। যেতিয়া আমি ২০১৯ চনত চিডিআৰআই মুকলি কৰিছিলো, ই আমাৰ নিজৰ অভিজ্ঞতা আৰু অনুভৱ কৰা প্ৰয়োজনীয়তাৰ ওপৰত আধাৰিত আছিল। যেতিয়া এখন দলং বানপানীত উটি যায়, যেতিয়া ঘূৰ্ণীবতাহৰ দ্বাৰা এটা বিদ্যুতৰ লাইন ভাঙি যায়, যেতিয়া বনজুইৰ ফলত এটা যোগাযোগ স্তম্ভ ক্ষতিগ্ৰস্ত হয়, ই হাজাৰ হাজাৰ লোকৰ জীৱন আৰু জীৱিকা পোনপটীয়াকৈ ব্যাহত কৰে। এনে আন্তঃগাঁথনিৰ ক্ষতিৰ পৰিণাম বছৰ ধৰি থাকিব পাৰে, আৰু লাখ লাখ লোকক প্ৰভাৱিত কৰিব পাৰে। সেয়েহে, আমাৰ সন্মুখত প্ৰত্যাহ্বানটো সম্পূৰ্ণ স্পষ্ট। আধুনিক প্ৰযুক্তি আৰু জ্ঞানৰ সৈতে, আমি স্থায়ী ভাৱে নিৰ্মাণ কৰা স্থিতিস্থাপক আন্তঃগাঁথনি সৃষ্টি কৰিব পাৰোঁনে? এই প্ৰত্যাহ্বানক স্বীকৃতি দিবলৈকে চিডিআৰআই সৃষ্টি কৰা হৈছে। এই মিত্ৰজোঁটটো সম্প্ৰসাৰিত হৈছে আৰু সমগ্ৰ বিশ্বৰ পৰা ব্যাপক সমৰ্থন লাভ কৰিছে এইটোৱে ইংগিত দিয়ে যে এইটো আমাৰ উমৈহতীয়া উদ্বেগৰ বিষয়। বন্ধুসকল, আঢ়ৈ বছৰৰ কম সময়ৰ ভিতৰতে চিডিআৰআইয়ে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে আৰু উল্লেখনীয় অৰিহনা আগবঢ়াইছে। যোৱা বছৰ ক’পেনহেগেন জলবায়ু সন্মিলনত আৰম্ভ কৰা ‘স্থিতিস্থাপক দ্বীপ ৰাজ্যৰ বাবে আন্তঃগাঁথনি’ সন্দৰ্ভত লোৱা পদক্ষেপটো হৈছে ক্ষুদ্ৰ দ্বীপৰ দেশবোৰৰ সৈতে কাম কৰাৰ আমাৰ প্ৰতিশ্ৰুতিৰ এক স্পষ্ট অভিব্যক্তি। স্থিতিস্থাপক বিমানবন্দৰত চিডিআৰআইৰ কামে বিশ্বজুৰি ১৫০ টা বিমানবন্দৰ অধ্যয়ন কৰি আছে। চিডিআৰআইৰ নেতৃত্বত চলি থকা ‘আন্তঃগাঁথনি প্ৰণালীৰ দুৰ্যোগ স্থিতিস্থাপকতাৰ বিশ্বব্যাপী মূল্যাঙ্কনে’ বিশ্বব্যাপী জ্ঞান সৃষ্টি কৰাত সহায় কৰিব যি যথেষ্ট মূল্যৱান হ’ব। বন্ধুসকল, আমাৰ ভৱিষ্যত সুস্থিৰ কৰি তুলিবলৈ, আমি এক ‘দৃঢ় আন্তঃগাঁথনি পৰিৱৰ্তন’ৰ দিশত কাম কৰিব লাগিব, যি হৈছে এই সন্মিলনৰ প্ৰাথমিক গুৰুত্ব। দৃঢ় আন্তঃগাঁথনি আমাৰ ব্যাপক ৰূপান্তৰ প্ৰক্ৰিয়াৰ কেন্দ্ৰবিন্দুও হ’ব পাৰে। যদি আমি আন্তঃগাঁথনি সুস্থিৰ কৰি তুলিব পাৰো, আমি কেৱল নিজৰ বাবেই নহয়, বহুতো ভৱিষ্যত প্ৰজন্মৰ বাবে দুৰ্যোগ প্ৰতিৰোধ কৰিব পাৰিম। এইটো এটা অংশীদাৰী সপোন, এক অংশীদাৰী দৃষ্টিভংগী, যাক আমি বাস্তৱলৈ ৰূপান্তৰ কৰিব লাগিব, আৰু আমি কৰি দেখুৱাব লাগিব। মই ভাষণ সমাপ্ত কৰাৰ পূৰ্বে এই সন্মিলন আয়োজনৰ বাবে চিডিআৰআই আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰক অভিনন্দন জনাইছো। এই অনুষ্ঠানটোত সহযোগিতা আগবঢ়োৱা সকলো অংশীদাৰলৈ মই শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰো। মই আপোনালোক সকলোৰে পৰা এক ফলপ্ৰসূ আৰু গঠনমূলক আলোচনা আশা কৰিছো। ধন্যবাদ। বহুত বহুত ধন্যবাদ।
দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিক লৈ আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%87%E0%A6%93%E0%A6%98%E0%A7%B0%E0%A6%A4-%E0%A7%A7%E0%A7%AC%E0%A7%AE%E0%A7%A6%E0%A7%A6-%E0%A6%95%E0%A7%8B%E0%A6%9F%E0%A6%BF%E0%A6%A4%E0%A6%95%E0%A7%88-%E0%A6%85%E0%A6%A7%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%87%E0%A6%93%E0%A6%98%E0%A7%B0%E0%A6%A4-%E0%A7%A7%E0%A7%AC%E0%A7%AE%E0%A7%A6%E0%A7%A6-%E0%A6%95%E0%A7%8B%E0%A6%9F%E0%A6%BF%E0%A6%A4%E0%A6%95%E0%A7%88-%E0%A6%85%E0%A6%A7%E0%A6%BF/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেওঘৰত ১৬,৮০০ কোটি টকাতকৈ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে সভাত ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছ, মুখ্যমন্ত্ৰী শ্ৰী হেমন্ত ছোৰেণ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ৰাজ্যিক মন্ত্ৰী আৰু জনপ্ৰতিনিধি সকল উপস্থিত থাকে। . সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বাবা বৈদ্যনাথৰ আশীৰ্বাদত ১৬,০০০ কোটিৰো অধিক মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু আজি আধাৰশিলা স্থাপন কৰা হৈছে। এইসমূহ প্ৰকল্পই ঝাৰখণ্ডৰ আধুনিক সংযোগ, শক্তি, স্বাস্থ্য, বিশ্বাস আৰু পৰ্যটনক এক বৃহৎ গতি প্ৰদান কৰাৰ দিশত অগ্ৰসৰ হৈছে। প্রধানমন্ত্রীয়ে কয় কৰে যে বিগত ৮ বছৰৰ পৰা ৰাজ্যসমূহৰ উন্নয়নৰ জৰিয়তে দেশৰ উন্নয়নৰ চিন্তাধাৰাৰে কাম কৰি আহিছে৷ যোৱা ৮ বছৰত ঝাৰখণ্ডক ঘাইপথ, ৰে’লপথ, বায়ুপথ, জলপথেৰে সংযোগ কৰাৰ প্ৰচেষ্টাত সকলো দিশতে একে চিন্তা আৰু মনোভাৱেৰে কাম কৰি থকা হৈছে। এই সকলোবোৰ সুবিধাই ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত ইতিবাচক প্ৰভাৱ পেলাব। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ঝাৰখণ্ডে দ্বিতীয়টো বিমানবন্দৰ লাভ কৰিছে। ইয়াৰ ফলত বাবা বৈদ্যনাথৰ ভক্তসকলৰ বাবে যথেষ্ট সহজ পৰিৱেশ সৃষ্টি হ’ব। উড়ান আঁচনিৰ জৰিয়তে সাধাৰণ জনতাৰ বাবে বিমান যাত্ৰা সুলভ কৰাৰ প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰে যে আজি চৰকাৰৰ প্ৰচেষ্টাৰ সুফল সমগ্ৰ দেশতে দৃশ্যমান হৈছে। উড়ান আঁচনিৰ অধীনত যোৱা ৫-৬ বছৰত বিমানবন্দৰ, হেলিপ’ৰ্ট আৰু জল বিমানবন্দৰৰ জৰিয়তে প্ৰায় ৭০টা নতুন স্থান সংযোজন কৰা হৈছে। আজি সাধাৰণ নাগৰিকে ৪০০ৰো অধিক নতুন পথত বিমান যাত্ৰাৰ সুবিধা লাভ কৰিছে। ১ কোটিৰো অধিক লোকে বহুতেই প্ৰথমবাৰৰ বাবে অতি সুলভ মূল্যৰ বিমান যাত্ৰাৰ অভিজ্ঞতা লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আজিৰ পৰা দেওঘৰ আৰু কলকাতাৰ মাজত বিমান যাত্ৰা আৰম্ভণিৰ লগতে শীঘ্ৰেই ৰাঁচী, দিল্লী আৰু পাটনালৈ বিমান সেৱা আৰম্ভ হোৱাৰ প্ৰস্তাৱৰ বাবে সুখ প্ৰকাশ কৰে। বোকাৰো আৰু ডুমকাৰ বিমানবন্দৰৰ বাবে কাম চলি আছে বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে যোগাযোগৰ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰে দেশৰ বিশ্বাস আৰু আধ্যাত্মিকতাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ স্থানসমূহত সুবিধা সৃষ্টিৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে। প্ৰসাদ আঁচনিৰ অধীনত বাবা বৈদ্যনাথ ধামতো আধুনিক সা-সুবিধাসমূহ সম্প্ৰসাৰণ কৰা হৈছে। যেতিয়া এক সামগ্ৰিক দৃষ্টিভংগীয়ে প্ৰকল্পসমূহক পথ প্ৰদৰ্শন কৰে, তেতিয়া সমাজৰ বিভিন্ন শ্ৰেণীৰ বাবে আয়ৰ নতুন পথ আহে আৰু নতুন সুবিধাই নতুন সুযোগৰ সৃষ্টি কৰে। প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ড ৰাজ্যৰ বাবে গেছ ভিত্তিক অৰ্থনীতি বৃদ্ধিৰ বাবে দেশৰ প্ৰচেষ্টাৰ সুফলৰ ওপৰতো আলোকপাত কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী উৰ্জা গংগা যোজনাই পুৰণি ছবিখন সলনি কৰি আছে। বঞ্চনাক সুযোগলৈ ৰূপান্তৰিত কৰাৰ বাবে আমি বহু ঐতিহাসিক সিদ্ধান্ত লৈছো’, তেওঁ কয়। গেইলৰ জগদীশপুৰ-হালদিয়া-বোকাৰো-ধমৰা পাইপলাইনৰ বোকাৰো- আংগুল অংশই ঝাৰখণ্ড আৰু ওড়িশাৰ ১১খন জিলাত চহৰ গেছ বিতৰণৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে আমি সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ মন্ত্ৰ মানি চলিছো। আন্তঃগাঁথনিত বিনিয়োগ কৰি উন্নয়নৰ নতুন পথ, নিয়োগ-আত্মনিয়োগ আৱিষ্কাৰ কৰা হৈছে। ঝাৰখণ্ডৰ বাবে এই পদক্ষেপসমূহৰ সুফলৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে আমি উন্নয়নৰ আকাংক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো, আকাংক্ষিত জিলাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো৷ তেওঁ কয় যে স্বাধীনতাৰ ইমান দিনৰ পাছত যিবোৰ ১৮,০০০ গাঁও বিদ্যুৎ সংযোগ কৰা হৈছিল, সেইবোৰৰ অধিকাংশই দুৰ্গম আৰু দুৰৱৰ্তী অঞ্চলত আছে। চৰকাৰে বিগত ৮ বছৰত মিছন মোডত কাম কৰি নলসংযোগী পানী, পথ আৰু গেছ সংযোগ কৰা বুলিও তেওঁ কয়। বৃহৎ চহৰৰ বাহিৰলৈ আধুনিক সা-সুবিধাসমূহ বিয়পি পৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পসমূহ প্ৰমাণ যে যেতিয়া সাধাৰণ নাগৰিকৰ সহজ-সৰল জীৱন উন্নত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হয়, তেতিয়া ৰাষ্ট্ৰীয় সম্পত্তিৰ সৃষ্টি হয় আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ নতুন সুযোগৰ সৃষ্টি হয়। “এয়া সঠিক উন্নয়ন আৰু আমি সামূহিকভাৱে এই উন্নয়ন ত্বৰান্বিত কৰিব লাগিব”, তেওঁ কয়। দেওঘৰত উন্নয়নমূলক প্ৰকল্প দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ বাবে এক গুৰুত্বপূৰ্ণ ধৰ্মীয় গন্তব্যস্থান বাবা বৈদ্যনাথ ধামলৈ প্ৰত্যক্ষ সংযোগ প্ৰদানৰ এক মূল পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে দেওঘৰ বিমানবন্দৰ উদ্বোধন কৰে। প্ৰায় ৪০০ কোটি টকা ব্যয়ৰে এই বিমান বন্দৰ নিৰ্মাণ কৰা হৈছে। বিমানবন্দৰটোৰ টাৰ্মিনেল ভৱনত বছৰি পাঁচ লক্ষাধিক যাত্ৰী বহন কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। দেওঘৰৰ এইমছ সমগ্ৰ অঞ্চলৰ স্বাস্থ্যসেৱা খণ্ডৰ বাবে এক আশীৰ্বাদ। এইমছ দেওঘৰত থকা সেৱাসমূহে আৰু অধিক উত্থান লাভ কৰিব কাৰণ প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ এইমছত থকা অন্তঃৰোগী বিভাগ (আইপিডি) আৰু অস্ত্ৰোপচাৰ কক্ষৰ সেৱাসমূহ দেশবাসীক উৎসৰ্গা কৰিব। দেশৰ সকলো প্ৰান্ততে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি উৎকৃষ্ট স্বাস্থ্যসেৱাৰ সুবিধা গঢ়ি তোলা হৈছে। ২০১৮ চনৰ ২৫ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে এইমছ দেওঘৰৰ আধাৰশিলা স্থাপন কৰিছিল। সমগ্ৰ দেশৰ ধৰ্মীয় গুৰুত্বপূর্ণ স্থানসমূহত বিশ্বমানৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ লগতে এনে আটাইকেইটা স্থানতে পর্যটকসকলৰ বাবে সা-সুবিধা উন্নত কৰাৰ বাবে পৰ্যটন মন্ত্ৰালয়ৰ প্রসাদ আঁচনিৰ অধীনত অনুমোদিত প্রকল্প “বৈদ্যনাথ ধাম, দেওঘৰৰ উন্নয়ন”ৰ উপাদানসমূহ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে৷ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত ২,০০০ জনকৈ তীৰ্থযাত্ৰীৰ বহনক্ষমতা থকা দুটাকৈ বৃহৎ তীৰ্থযাত্ৰা মণ্ডলী হলৰ উন্নয়ন; জলছাৰ হ্ৰদৰ সন্মুখৰ উন্নয়ন; শিৱগংগা পুখুৰী উন্নয়নৰ লগতে অন্যান্য প্ৰকল্প অন্যতম। নতুন সুবিধাই বাবা বৈদ্যনাথ ধামলৈ অহা লাখ লাখ ভক্তৰ পৰ্যটন অভিজ্ঞতাক আৰু অধিক সমৃদ্ধ কৰিব। প্রধানমন্ত্রীয়ে ১০ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ একাধিক পথ প্রকল্পৰ আধাৰশিলা স্থাপন কৰে৷ উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত ২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোৰ্হাৰৰ পৰা বৰৱাদা অংশলৈ ছয়লেন; ৩২নং ৰাষ্ট্ৰীয় ঘাইপথৰ পশ্চিমবংগ সীমান্ত অংশলৈকে ৰাজগঞ্জ-চাছ বহলীকৰণ কৰা আদি উল্লেখযোগ্য৷ যিবোৰ প্ৰধান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছিল, সেইবোৰৰ ভিতৰত ৮০নং ৰাষ্ট্ৰীয় ঘাইপথৰ মিৰ্জাচৌকি- ফাৰাক্কা অংশৰ ফ’ৰলেনৰ উন্নীতকৰণ; হৰিহৰগঞ্জৰ পৰা ৯৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাৰৱা ম’ৰে অংশলৈ ফ’ৰলেন; ২৩নং ৰাষ্ট্ৰীয় ঘাইপথৰ পালমাৰ গুমলা অংশলৈ ফ’ৰলেন; ৭৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পিস্কা ম’ৰে অংশলৈ কুটচেৰী চ’কৰ উচ্চ কৰিড’ৰৰ লগতে অন্যান্য প্ৰকল্প অন্যতম। এই প্ৰকল্পসমূহে অঞ্চলটোত যোগাযোগৰ ক্ষেত্ৰত আৰু অধিক জোৰ দিব আৰু সাধাৰণ জনতাৰ বাবে সহজে চলাচল কৰাটো নিশ্চিত কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৩,০০০ কোটি টকা ব্যয়সাপেক্ষ বিভিন্ন শক্তি আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে৷ উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত গেইলৰ জগদীশপুৰ-হালদিয়া-বোকাৰো-ধমৰা পাইপলাইনৰ বোকাৰো-আংগুল অংশ; বৰহী, হাজাৰীবাগ আৰু বোকাৰোত এইচপিচিএলৰ নতুন এলপিজি বটলিং প্লাণ্ট আৰু বিপিচিএলৰ বোকাৰো এল পি জি বটলিং প্লাণ্ট অন্যতম। পৰ্বতপুৰ গেছ সংগ্ৰহ কেন্দ্ৰ, ঝাৰিয়া ব্লক, অ’ এন জি চিৰ কয়লা বেড মিথেন (চিবিএম) সম্পত্তিৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে দুটা ৰে’ল প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰে৷ সেইকেইটা হৈছে গোদ্দা-হান্সদিহা বিদ্যুতীকৰণ খণ্ড আৰু গড়ৱা-মহুৰীয়া দ্বৈত ৰে’ল পথ দেশবাসীৰ নামত উচৰ্গা কৰে৷ এই প্ৰকল্পসমূহে উদ্যোগ আৰু পাৱাৰ হাউচসমূহৰ বাবে সামগ্ৰীৰ নিৰৱচ্ছিন্ন যাতায়তৰ সুবিধা প্ৰদান কৰাত সহায় কৰিব। লগতে ডুমকাৰ পৰা আছানছললৈ ৰে’লৰ চলাচল সহজে সুনিশ্চিত কৰিব। প্ৰধানমন্ত্ৰীয়ে তিনিটা ৰে’লৱে প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে৷ সেইকেইটা হৈছে-ৰাঁচী ৰেলৱে ষ্টেচনৰ পুনৰ উন্নয়ন; জাচিদিহ বাইপাছ লাইন আৰু গড্ডা এলএইচবি ডবা মেৰামতি ডিপো। প্ৰস্তাৱিত পুনৰ উন্নয়ন কৰা ৰাঁচী ষ্টেচনটোত যাত্ৰীসকলৰ চলাচলত সহজ হোৱাৰ লগতে আৰামদায়ক হোৱাটো নিশ্চিত কৰাৰ বাবে ফুড ক’ৰ্ট, এক্সিকিউটিভ লাউঞ্জ, কেফেটেৰিয়া, বাতানুকূল প্ৰেক্ষাগৃহ আদিকে ধৰি বিশ্বমানৰ যাত্ৰীসকলৰ সুবিধা থাকিব।
দেওঘৰত ১৬,৮০০ কোটিতকৈ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A7%8E%E0%A6%B8%E0%A6%95-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8%E0%A6%A4-%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A7%8E%E0%A6%B8%E0%A6%95%E0%A6%B8%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A7%8E%E0%A6%B8%E0%A6%95-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8%E0%A6%A4-%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A7%8E%E0%A6%B8%E0%A6%95%E0%A6%B8%E0%A6%95/
প্ৰধানমন্ত্ৰীয়ে চিকিৎসক দিৱস উপলক্ষে দেশৰ চিকিৎসকসকলক শুভেচ্ছা জ্ঞাপন কৰে আৰু জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰা আৰু এই পৃথিৱীখন স্বাস্থ্যৱান কৰি তোলাত তেওঁলোকৰ অপৰিসীম ভূমিকাৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে: “চিকিৎসক দিৱসৰ দিনা সকলো পৰিশ্ৰমী চিকিৎসকসকললৈ অভিনন্দন, যিসকলে মানুহৰ জীৱন ৰক্ষা কৰাত আৰু আমাৰ পৃথিৱীক স্বাস্থ্যৱান কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। “
‘চিকিৎসক দিৱস’ত চিকিৎসকসকললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%BF%E0%A6%8F%E0%A6%AE-%E0%A6%9C%E0%A6%A8%E0%A6%A7%E0%A6%A8-%E0%A6%AF%E0%A7%8B%E0%A6%9C%E0%A6%A8%E0%A6%BE%E0%A7%B0-%E0%A7%AD-%E0%A6%AC%E0%A6%9B%E0%A7%B0-%E0%A6%AA%E0%A7%82%E0%A6%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%BF%E0%A6%8F%E0%A6%AE-%E0%A6%9C%E0%A6%A8%E0%A6%A7%E0%A6%A8-%E0%A6%AF%E0%A7%8B%E0%A6%9C%E0%A6%A8%E0%A6%BE%E0%A7%B0-%E0%A7%AD-%E0%A6%AC%E0%A6%9B%E0%A7%B0-%E0%A6%AA%E0%A7%82%E0%A6%B0/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে পিএম জনধন যোজনাৰ ৭ বছৰ পূর্তি উপলক্ষে আনন্দ প্রকাশ কৰিছে। প্রধানমন্ত্রীয়ে এই যোজনাক সফল কৰি তুলিবলৈ যিসকলে নিৰলস প্রয়াস চলাইছে তেওঁলোকক প্রশংসা কৰিছে। এলানি ট্যুইটত প্রধানমন্ত্রীয়ে কৈছে, "আজি আমি #PMJanDhan কর্মসূচীৰ ৭ বছৰ উদযাপন কৰিছো, এইটো এনেকুৱা এটা উদ্যোগ যি ভাৰতৰ উন্নয়নৰ গতিপথত আমূল পৰিৱৰ্তন সাধন কৰিছে। কেৱল সেয়াই নহয়, এই কর্মসূচীয়ে অসংখ্য ভাৰতীয়ৰ ক্ষমতায়ণৰ সমান্তৰালকৈ তেওঁলোকৰ আর্থিক অন্তর্ভুক্তিকৰণ আৰু মর্যাদাৰ লগতে জীৱন-যাপন নিশ্চিত কৰিছে। জনধন যোজনাই স্বচ্ছতা বজাই ৰখাত সহায় কৰিছে। মই #PMJanDhan যোজনাক সফল কৰি তুলিবলৈ যিসকলে অক্লান্ত প্রয়াস চলাইছে তেওঁলোকক প্রশংসা কৰো। এওঁলোক সকলোৰে প্রচেষ্টাৰ ফলত ভাৰতবাসীৰ উন্নত জীৱন-যাপন সুনিশ্চিত হৈছে।"
পিএম জনধন যোজনাৰ ৭ বছৰ পূর্তিত প্রধানমন্ত্রীয়ে ভাৰতৰ উন্নয়নৰ গতিপথত এই উদ্যোগে আমূল পৰিৱর্তন লৈ আহিছে বুলি মন্তব্য কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%80%E0%A6%A4%E0%A6%BE-%E0%A6%9C%E0%A7%9F%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%AC-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%80%E0%A6%A4%E0%A6%BE-%E0%A6%9C%E0%A7%9F%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%AC-2/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গীতা জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।এই উপলক্ষে শ্ৰী মোদীয়ে শেহতীয়াভাৱে গীতাৰ ওপৰত আগবঢ়োৱা দুটি বক্তৃতা সকলোৰে সৈতে ভাগ-বতৰা কৰে। এক টুইট শৃংখলাযোগে প্ৰধানমন্ত্ৰীয়ে কয়; ‘আজি গীতা জয়ন্তীত শেহতীয়াভাৱে গীতাৰ ওপৰত আগবঢ়োৱা দুটি বক্তৃতা মই সকলোৰে সৈতে ভাগ-বতৰা কৰিছোঁ। স্বামী চিদ্ভাভানন্দৰ ভাগৱত গীতাৰ ই-বুক সংস্কৰণ মুকলি কৰা হৈছে। গীতাৰ ওপৰত বিভিন্ন পণ্ডিতৰ ভাষ্যৰ সৈতে এখন পাণ্ডুলিপি মুকলি কৰা হৈছে। সৰ্বোপনিষদো গাৱো দোগ্ধা গোপাল নন্দনঃ। পাৰ্থ বৎসঃ সুধীৰভোক্তা দুগ্ধ গীতামৃত মহত্।। গীতা জয়ন্তীৰ শুভেচ্ছা। গীতা জয়ন্তীত শুভেচ্ছা। জীৱনৰ বিভিন্ন ক্ষেত্ৰত গীতাৰ ব্যৱহাৰিক নিৰ্দেশনা, গীতাৰ শিক্ষাসমূহ বিশ্বব্যাপী প্ৰতিধ্বনিত হোৱা দেখি অতিশয় আনন্দিত।’
গীতা জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A7%8B%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%8B%E0%A6%B2%E0%A6%A8-%E0%A6%9A%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BF%E0%A7%9F/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A7%8B%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%8B%E0%A6%B2%E0%A6%A8-%E0%A6%9A%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BF%E0%A7%9F/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰা মীৰাবাই চানুক অভিনন্দন জনায়। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰা মীৰাবাই চানুক লৈ গৌৰৱান্বিত ভাৰত। তেওঁক অভিনন্দন জনোৱাৰ লগতে উজ্জল ভৱিষ্যত কামনা কৰিলো।
বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰা মীৰাবাই চানুক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AC%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A7-%E0%A6%AA/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AC%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A7-%E0%A6%AA/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুদ্ধ পূৰ্ণিমা উপলক্ষে ভগৱান বুদ্ধৰ নীতিসমূহ স্মৰণ কৰে আৰু সেইবোৰ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; "বুদ্ধ পূৰ্ণিমা উপলক্ষে আমি ভগৱান বুদ্ধৰ নীতিসমূহ মনত পেলাইছো আৰু সেইবোৰ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰিছো। ভগৱান বুদ্ধৰ চিন্তাই আমাৰ পৃথিৱীখনক অধিক শান্তিপূৰ্ণ, সুসংগত আৰু বহনক্ষম কৰি তুলিব পাৰে।"
প্ৰধানমন্ত্ৰীয়ে বুদ্ধ পূৰ্ণিমা উপলক্ষে ভগৱান বুদ্ধৰ নীতিসমূহ স্মৰণ কৰ
https://www.pmindia.gov.in/asm/news_updates/fame-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%95%E0%A6%B2%E0%A7%8D%E0%A6%AA%E0%A7%B0-%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%80/
https://www.pmindia.gov.in/asm/news_updates/fame-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%95%E0%A6%B2%E0%A7%8D%E0%A6%AA%E0%A7%B0-%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%80/
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰঅধ্যক্ষতাত বৃহস্পতিবাৰে অনুষ্ঠিত কেন্দ্রীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত ভাৰতত দ্রুত বিদ্যুৎচালিত যান-বাহন চলোৱাআৰুইয়াৰ উৎপাদন আৰম্ভ কৰাৰ লক্ষ্যৰে দ্বিতীয় পর্যায়ৰ‘ফেম ইন্ডিয়া’ প্রকল্পলৈ অনুমোদন প্ৰদান কৰা হৈছে। ২০১৯ চনৰ ১ এপ্রিলৰ পৰা তিনি বছৰৰবাবে এই প্রকল্পৰ বাবে ১০ হাজাৰ কোটি টকা আবণ্টন দিয়া হৈছে। উল্লেখ্য যে ২০১৫ চনৰ ১ এপ্রিল তাৰিখে ৮৯৫ কোটি টকা আবণ্টনেৰে এই প্রকল্পৰ প্রথম পর্যায়ৰ কামআৰম্ভ কৰা হৈছিল। আমাৰ দেশত বিদ্যুৎচালিত যানবাহনৰ ব্যৱহাৰৰ প্ৰতিজনসাধাৰণক অভ্যস্ত কৰি তোলা আৰু এনে বাহনৰ উৎপাদনক উৎসাহিত কৰিবলৈ এই ধৰণৰ যানবাহন ক্ৰয় কৰাৰ বাবে তাৎক্ষণিক ৰেহাই প্ৰদান কৰা আৰু সমগ্ৰ দেশতে বিদ্যুৎচালিত যানবাহনৰবেটাৰীছার্জিংৰবাবে প্রয়োজনীয় আন্তঃগাঁথনি গঢ়ি তোলাই হৈছে এই প্রকল্পৰমুখ্য উদ্দেশ্য। আনফালে, এই প্রকল্পটোআৰম্ভ হ’লে আমাৰ দেশত পৰিৱেশ প্ৰদূষণৰ সমস্যা যিদৰে হ্ৰাস পাব, ঠিক তেনেদৰেইন্ধনৰ নিৰাপত্তাও উল্লেখযোগ্যভাৱে বৃদ্ধি পাব। ৰাজ্য আৰু নগৰ পৰিবহণ নিগমসমূহৰ মাধ্যমেৰে ইলেক্ট্রিক বা বিদ্যুৎচালিত বাহন প্রদান, জনসাধাৰণৰ ব্যৱহাৰৰবাবে অথবা বাণিজ্যিক ভিত্তিত ব্যৱহাৰেৰবাবে যানবাহন সৰবৰাহৰ ব্যৱস্থা আৰু পৰৱর্তী পর্যায়ত বেচৰকাৰী মালিকানাধীন বিদ্যুৎচালিত যানবাহন উৎপাদন আৰু সৰবৰাহৰ ব্যৱস্থাৰ কথা এই প্রকল্পত পৰিকল্পনা কৰা হৈছে। সমগ্ৰ দেশৰে বিভিন্ন চহৰসমূহতপ্ৰথমাৱস্থাত ২,৭০০টা ছার্জিং ষ্টেশ্যন স্থাপন কৰাআৰু ভৱিষ্যতে ৯ বর্গ কিলোমিটাৰ দূৰত্বৰমাজতছার্জিং ষ্টেশ্যন নিৰ্মাণ কৰাৰ বিষয়েও এই প্রকল্পত উল্লেখ কপৰা আছে। ঘাইপথসমূহত ২৫ কিলোমিটাৰৰমূৰে মূৰেপথৰ দুয়োকাষেছার্জিং ষ্টেশ্যন গঢ়ি তোলাৰ কথাও এই প্রকল্পত উল্লেখ কৰা হৈছে।
FAME ইণ্ডিয়া প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ বাবে কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A1%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%97%E0%A6%9B%E0%A7%B0-%E0%A6%9A%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A6%E0%A6%BE-%E0%A6%B9%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%B8-%E0%A6%86%E0%A7%B0%E0%A7%81/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A1%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%97%E0%A6%9B%E0%A7%B0-%E0%A6%9A%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A6%E0%A6%BE-%E0%A6%B9%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%B8-%E0%A6%86%E0%A7%B0%E0%A7%81/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত কেন্দ্রীয় কেবিনেটত বুধবাৰে ড্রাগছৰ চাহিদা হ্রাস আৰু নিচাজাতীয় ঔষুধ, চাইকোট্রপিক ৰাসায়নিক পদাৰ্থ, প্রিকাৰ্ছৰৰ অবৈধ সৰবৰাহ প্রতিৰোধ আৰু সংশ্লিষ্ট দিশত ভাৰত আৰু নেপালৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰত অনুমোদন জনায়। এই বুজাবুজি চুক্তিয়ে ড্রাগছৰ ক্ষেত্ৰত দুয়ো দেশৰ মাজত সহযোগিতাৰ ক্ষেত্রসমূহ তালিকাভুক্ত কৰিব। তদুপৰি, এই বুজাবুজি চুক্তিয়ে দুয়ো দেশৰ মাজত তথ্য আদান-প্রদানৰ প্রক্রিয়াক আৰু যাৰ মাজত বুজাবুজি চুক্তি ৰূপায়ণ আৰু তথ্য আদান-প্রদানৰ দায়িত্ব থাকিব, সেই উপযুক্ত কর্তৃপক্ষক সুনির্দিষ্ট কৰিব। ড্রাগছজনিত দিশত এই সহযোগিতাৰ ফলত দুয়ো দেশৰ মাজত নিচাজাতীয় ঔষধ, চাইকোট্রপিক সামগ্রী, প্রিকাৰ্ছৰ ৰাসায়নিক পদাৰ্থৰ অবৈধ সৰবৰাহ নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি আশা কৰা হৈছে। এই বুজাবুজি চুক্তিৰ ফলত সংশ্লিষ্ট কর্তৃপক্ষই যিবোৰ বিষয়ত প্রচেষ্টা গ্রহণ কৰিব, সেয়া হৈছে:- (১) নিচাজাতীয় ঔষধ, চাইকোট্রপিক সামগ্রী, প্রিকাৰ্ছৰ ৰাসায়নিক পদাৰ্থৰ অবৈধ সৰবৰাহক কার্যকৰীভাবে মোকাবিলা কৰাৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাক উন্নত কৰিব আৰু প্রতিৰোধ, সজাগতা, শিক্ষা, সামাজিক কর্মসূচী, চিকিৎসা, পুনৰ সংস্থাপনৰ জৰিয়তে ড্রাগছৰ চাহিদা হ্রাসত সহযোগিতা আগবঢ়াব। আৰু (২) ড্রাগছজনিত বিষয়ত কার্যকৰী, প্রযুক্তিগত আৰু সাধাৰণ বিষয় সম্বলিত বিভিন্ন তথ্যৰ আদান-প্রদান কৰিব আৰু নিচাজাতীয় ঔষধ, চাইকোট্রপিক সামগ্রী, প্রিকাৰ্ছৰ ৰাসায়নিকৰ অবৈধ সৰবৰাহ নিয়ন্ত্ৰণৰ ক্ষেত্রত বর্তমান আইন, বিধি, প্রক্রিয়া, সর্বোত্তম প্রয়াস আৰু পদ্ধতি আৰু বর্তমান আইনৰ আৰু সংশোধনীক লৈ নিজৰ ওচৰত থকা লিখিত তথ্য আৰু ৰচনাৰ আদান প্রদান কৰিব। পটভূমিঃ বিশ্বজুৰি ড্রাগছৰ চোৰাং সৰবৰাহ প্রতিৰোধত যি প্রচেষ্টা আৰম্ভ হৈছে, ভাৰতে সদায় তাক সমর্থন জনাই আহিছে। এইক্ষেত্রত ৰাষ্ট্রসংঘ আৰু বিভিন্ন বহুপাক্ষিক তথা দ্বিপাক্ষিক উদ্যোগত ভাৰতে সক্রিয় অংশ গ্রহণ কৰিছে। নিচাজাতীয় ঔষধৰ ক্ষেত্ৰত ৰাষ্ট্রসংঘৰ বুজাবুজিৰ ভিত্তিত প্রতিৱেশী দেশসমূহৰ সৈতে আৰু আমাৰ দেশত ড্রাগছৰ সমস্যা নিয়ন্ত্রণৰ বিষয়ে যিবোৰ দেশৰ প্রত্যক্ষ প্রভাৱ হৈছে, তেওঁলোকৰ সৈতে দ্বিপাক্ষিক চুক্তি/বুজাবুজি চুক্তি কৰাৰ প্রচেষ্টা লোৱা হৈছে। বিভিন্ন দেশৰ সৈতে ইতিমধ্যে এনে ধৰণৰ দ্বিপাক্ষিক চুক্তি/বুজাবুজি কৰা হৈছে। নেপালৰ সৈতে স্বাক্ষৰ কৰিব লগা এই প্রস্তাৱিত বুজাবুজি চুক্তি ড্রাগছজনিত সমস্যা নিয়ন্ত্ৰণত দ্বিপাক্ষিক সহযোগিতাৰে এক প্ৰচেষ্টা।
ড্রাগছৰ চাহিদা হ্রাস আৰু নিচাজাতীয়, প্রিকাৰ্ছৰ ৰাসায়নিক পদাৰ্থৰ অবৈধ সৰবৰাহ প্রতিৰোধ আৰু সংশ্লিষ্ট দিশত ভাৰত আৰু নেপালৰ মাজত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%9C%E0%A6%BE%E0%A6%B2%E0%A6%BE%E0%A6%89%E0%A6%A8%E0%A6%A4-%E0%A6%AC%E0%A7%81%E0%A6%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%9C%E0%A6%BE%E0%A6%B2%E0%A6%BE%E0%A6%89%E0%A6%A8%E0%A6%A4-%E0%A6%AC%E0%A7%81%E0%A6%A8/
ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, বেদব্যাসৰ জন্মভূমি তথা মহাৰাণী লক্ষ্মীবাঈৰ অঞ্চললৈ আকৌ মোৰ অহাৰ সৌভাগ্য হ'ল। মই ইয়াৰ বাবে অত্যন্ত আনন্দিত! নমস্কাৰ। উত্তৰ প্ৰদেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, ইউপিৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী কেশৱ প্ৰসাদ মৌৰ্যজী, উপ-মুখ্যমন্ত্ৰী শ্ৰী ব্ৰজেশ পাঠকজী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী আৰু এই ক্ষেত্ৰৰে বাসিন্দা শ্ৰী ভানুপ্ৰতাপ সিংহজী, ইউপি চৰকাৰৰ মন্ত্ৰীগণ, সাংসদগণ বিধায়কগণ, অন্য জনপ্ৰতিনিধি, আৰু বুন্দেলখণ্ডৰ মোৰ মৰমৰ ভগ্নী আৰু ভাতৃসকল, ইউপিৰ মানুহক, বুন্দেলখণ্ডৰ সকলো ভগ্নী-ভাতৃক আধুনিক বুন্দেলখণ্ড এক্সপ্ৰেছৱে, ইয়াৰ বাবে বহুত বহুত অভিনন্দন, বহুত বহুত শুভকামনা। এই এক্সপ্ৰেছৱে বুন্দেলখণ্ডৰ গৌৰৱশালী পৰম্পৰাৰ প্ৰতি সমৰ্পিত। যি ধৰিত্ৰীয়ে অগণন বীৰৰ জন্ম দিলে, য'ৰ তেজত ভাৰতভক্তি বয়, য'ৰ পুত্ৰ-কন্যাৰ পৰাক্ৰম আৰু পৰিশ্ৰমে সদায়েই দেশৰ নাম উজ্জ্বল কৰিছে, সেই বুন্দেলখণ্ডৰ ভূমিক আজি এক্সপ্ৰেছৱেৰ এই উপহাৰ প্ৰদান কৰি উত্তৰ প্ৰদেশৰ সাংসদ হিচাপে, উত্তৰ প্ৰদেশৰ জনপ্ৰতিনিধি হিচাপে মই বিশেষ আনন্দ লাভ কৰিছো। ভাতৃ আৰু ভগ্নীসকল, মই দশক দশক ধৰি উত্তৰ প্ৰদেশলৈ আহি গৈ আছো। ইউপিৰ আশীৰ্বাদত যোৱা আঠ বছৰৰ পৰা দেশৰ প্ৰধান সেৱকৰ ৰূপত কাম কৰাৰ আপোনালোকে দায়িত্ব দিছে। কিন্তু মই সদায়েই দেখিছিলো, যদি উত্তৰ প্ৰদেশত দুটা মহত্বপূৰ্ণ বস্তুত জোৰ দিয়া যায়, তাৰ নাটনি যদি পূৰ্ণ কৰা যায়, তেন্তে উত্তৰ প্ৰদেশ প্ৰত্যাহ্বানক প্ৰত্যাহ্বান জনোৱাৰ বহুত ডাঙৰ শক্তিৰে থিয় দিব। প্ৰথম বিষয় আছিল ইয়াৰ বেয়া আইনী ব্যৱস্থা। যেতিয়া মই আগৰ কথা কৈ আছো। কি অৱস্থা আছিল আপোনালোকে জানে, আৰু আনটো অৱস্থা আছিল সকলো ধৰণে বেয়া কানেক্টিভিটী। আজি উত্তৰ প্ৰদেশৰ মানুহে মিলি যোগী আদিত্যনাথজীৰ নেতৃত্বত উত্তৰ প্ৰদেশৰ গোটেই ছবিখন সলাই দিলে। যোগীজীৰ নেতৃত্বাধীন চৰকাৰত আইন ব্যৱস্থাও সংশোধন হৈছে আৰু কানেক্টিভিটীও দ্ৰুতগতিত সংশোধন হৈ আছে। স্বাধীনতাৰ পিছৰ সাত দশকত ইউপিত যাতায়তৰ আধুনিক সাধনৰ বাবে যিমান কাম হ'ল, তাতকৈ বেছি কাম আজি হৈ আছে। মই আপোনালোকক সুধিছো হৈ আছেনে নাই? হৈ আছেনে নাই? চকুৰ আগত দেখি আছেনে নাই দেখা? বুন্দেলখণ্ড এক্সপ্ৰেছৱেৰে চিত্ৰকূটৰ পৰা দিল্লীৰ দূৰত্ব প্ৰায় ৩-৪ ঘণ্টা কম হৈছেই, কিন্তু ইয়াৰ লাভ ইয়াতকৈও কেইবাগুণ বেছি। এই এক্সপ্ৰেছৱেই ইয়াত কেৱল বাহনক গতি দিব ইমানেই নহয়, বৰং ই সমগ্ৰ বুন্দেলখণ্ডৰ ঔদ্যোগিক প্ৰগতিকো গতি দিব। ইয়াৰ দুয়োফালে, এই এক্সপ্ৰেছৱেৰ দুয়োফালে অনেক উদ্যোগ স্থাপন হ'ব, ইয়াত ভাণ্ডাৰণৰ সুবিধা, কোল্ড ষ্টৰেজৰ সুবিধা নিৰ্মাণ হ'ব। বুন্দেলখণ্ড এক্সপ্ৰেছৱেৰ ফলত এই অঞ্চলত কৃষি আধাৰিত উদ্যোগ গঠনত বহুত সহজ হৈ যাব, খেতিত উৎপন্ন হোৱা শস্য নতুন বজাৰলৈ নিয়াত সহজ হ'ব। বুন্দেলখণ্ডত নিৰ্মাণ হৈ থকা ডিফেঞ্চ কৰিডৰৰো ইয়াৰ ফলত বহুত সহায় হ'ব। অৰ্থাৎ এই এক্সপ্ৰেছৱেই বুন্দেলখণ্ডৰ প্ৰতিটো কোণক বিকাশ, আত্ম সংস্থাপন আৰু নতুন সুযোগৰ সৈতেও সংযুক্ত কৰিব। বন্ধুসকল, এটা সময় আছিল যেতিয়া ভবা হৈছিল যে যাতায়তৰ আধুনিক সাধনৰ ওপৰত প্ৰথম অধিকাৰ কেৱল ডাঙৰ ডাঙৰ চহৰৰ। মুম্বাই হওক, চেন্নাই হওক, কলকাতা হওক, বেংগালুৰু হওক, হায়দৰাবাদ হওক, দিল্লী হওক সকলো সিবিলাকেই পাওক। কিন্তু এতিয়া চৰকাৰ সলনি হ'ল ভাবধাৰাও সলনি হৈছে আৰু এয়া মোদী, এয়া যোগী, এতিয়া সেই পুৰণি চিন্তা এৰি তাক পিছত ৰাখি আমি এটা নতুন পদ্ধতিৰে আগবাঢ়ি আছো। ২০১৭ চনৰ পাছৰ পৰা উত্তৰ প্ৰদেশত কানেক্টিভিটীৰ যি কাম আৰম্ভ হৈছে, তাত ডাঙৰ চহৰবিলাকৰ সৈতে সৰু চহৰবিলাককো সিমানেই প্ৰাথমিকতা দিয়া হৈছে। এই বুন্দেলখণ্ড এক্সপ্ৰেছৱেই চিত্ৰকূট, বান্দা, হমিৰপুৰ, মহোবা, জালৌন, ঔৰেয়া, আৰু ইটাৱা হৈ গৈছে। পূৰ্বাঞ্চল এক্সপ্ৰেছৱেই লক্ষ্ণৌৰ লগতে বাৰাবংকী, আমেঠী, চুলতানপুৰ, অযোধ্যা, আম্বেদকাৰনগৰ, আজমগড়, মঊ আৰু গাজীপুৰ হৈ গৈছে। গোৰখপুৰ লিংক এক্সপ্ৰেছৱেই আম্বেদকাৰনগৰ, সন্ত কবীৰনগৰ আৰু আজমগড়ক সংযুক্ত কৰিছে। গংগা এক্সপ্ৰেছৱেই মেৰঠ, হাপুৰ, বুলন্দচহৰ, অমৰোহা, সম্ভল, বদায়ুঁ, শাহজাহানপুৰ, হৰদোই, উন্নাও, ৰায়বৰেলী, প্ৰতাপগড় আৰু প্ৰয়াগৰাজক সংযুক্ত কৰাৰ কাম কৰিব। দেখিছে কিমান ডাঙৰ শক্তিৰ সৃষ্টি হৈ আছে। উত্তৰ প্ৰদেশৰ প্ৰতিটো কোণ নতুন সপোন লৈ, নতুন সংকল্প লৈ এতিয়া দ্ৰুতগতিত দৌৰিবলৈ সাজু হৈছে, আৰু এয়াইতো সবকা সাথ, সবকা বিকাশ। কোনো পিছপৰি থাকিব নালাগে, সকলো লগ হৈ আগবাঢ়ক, এই দিশতে ডবল ইঞ্জিনৰ চৰকাৰে নিৰন্তৰ কাম কৰি আছে। ইউপিৰ সৰু সৰু জিলা বিমান সেৱাৰে সংযুক্ত হওক, তাৰ বাবেও দ্ৰুতগতিত কাম কৰি থকা হৈছে। যোৱা কিছু সময়ত প্ৰয়াগৰাজ, গাজিয়াবাদত নতুন এয়াৰপৰ্ট টাৰ্মিনেল বনোৱা হৈছে, কুশীনগৰত নতুন এয়াৰপৰ্টৰ লগতে নইডাৰ জেৱৰত এটা আৰু ইণ্টাৰনেচনেল এয়াৰপৰ্টৰ কাম চলি আছে। ভৱিষ্যতে ইউপিৰ আন কেইবাখনো চহৰক, তাতো বিমান পথেৰে সংযুক্ত কৰাৰ চেষ্টা হৈ আছে। এনেকুৱা সুবিধাৰ ফলত পৰ্যটন উদ্যোগেও বহুত বল পায়। আৰু মই যেতিয়া আজি ইয়াত মঞ্চলৈ আহো তাৰ আগতে মই এই বুন্দেলখণ্ড এক্সপ্ৰেছৱেৰ প্ৰেজেণ্টেচন চাইছিলো, এটা মড্যুল লগাইছিল, সেয়া চাইছিলো, আৰু মই দেখিলো যে এই এক্সপ্ৰেছৱেৰ কাষত যি যি স্থান আছে তাত বহুত দুৰ্গ আছে, কেৱল ঝান্সীৰ এটা দুৰ্গ আছে এনে নহয়, বহুত দুৰ্গ আছে। আপোনালোকৰ যিসকলে বিদেশৰ জগতখন জানে তেওঁলোকে জানিব, ইউৰোপৰ বহু দেশ এনেকুৱা য'ত দুৰ্গ চাবলৈ এটা বহুত ডাঙৰ টুৰিজিম উদ্যোগ চলে আৰু পৃথিৱীৰ মানুহে পুৰণি দুৰ্গ চাবলৈ আহে। আজি বুন্দেলখণ্ড এক্সপ্ৰেছৱে হোৱাৰ পাছত মই যোগীজীৰ চৰকাৰক ক'ম যে আপুনিও এই দুৰ্গ চাবলৈ এটা চমকপ্ৰদ ছাৰ্কিট টুৰিজিম বনাওক, পৃথিৱীৰ পৰ্যটক ইয়ালৈ আহক আৰু মোৰ বুন্দেলখণ্ডৰ এই শক্তি দেখা পাওক। ইমানেই নহয় মই আজি যোগীজীক আৰু এটা আহ্বান জনাম, আপুনি উত্তৰ প্ৰদেশৰ নজোৱানসকলৰ বাবে এইবাৰ যেতিয়া ঠাণ্ডাৰ ছিজন আৰম্ভ হ'ব, ঠাণ্ডাৰ বতৰ আৰম্ভ হ'ব তেতিয়া দুৰ্গ আৰোহণৰ প্ৰতিযোগিতাৰ আয়োজন কৰক আৰু পৰম্পৰাগত পথেৰে নহয় কঠিনৰো কঠিন পথ নিৰ্ধাৰণ কৰক আৰু নজোৱানসকলক মাতক কোনে সোনকালে উঠিব পাৰে, কোন দুৰ্গৰ ওপৰত আৰোহণ কৰে। আপুনি চাব উত্তৰ প্ৰদেশৰ হাজাৰ হাজাৰ নজোৱানে এই প্ৰতিযোগিতাত ভাগ ল'বলৈ আহিব আৰু তাৰ কাৰণে বুন্দেলখণ্ডলৈ মানুহ আহিব, ৰাতি থাকিব, কিছু খৰছ কৰিব, জীৱিকাৰ বাবে বহুত ডাঙৰ শক্তি সৃষ্টি হ'ব। বন্ধুসকল, এটা এক্সপ্ৰেছৱেই কিমান ধৰণৰ কামৰ সুযোগ জন্ম দিয়ে। বন্ধুসকল, ডবল ইঞ্জিনৰ চৰকাৰত আজি ইউপি যেনেদৰে আধুনিক হৈ আছে, এয়া সঁচাই অভূতপূৰ্ব। যি ইউপিত অলপ মনত ৰাখিব বন্ধুসকল মই যি কৈ আছো। মনত ৰাখিব? মনত ৰাখিব? অলপ হাত ওপৰলৈ তুলি কওক মনত ৰাখিব? খাটাং মনত ৰাখিব? বাৰম্বাৰ মানুহক ক'ব? তেন্তে মনত ৰাখক যি ইউপিত সৰযু লহৰ পৰিকল্পনা সম্পূৰ্ণ হ'বলৈ ৪০ বছৰ লাগিল, যি ইউপিত গোৰখপুৰ ফাৰ্টিলাইজাৰ প্লাণ্ট ৩০ বছৰ ধৰি বন্ধ হৈ আছিল, যি ইউপিত অৰ্জুন ডেম পৰিকল্পনা সম্পূৰ্ণ হ'বলৈ ১২ বছৰ লাগিল, যি ইউপিত অমেঠী ৰাইফল কাৰখানা মাত্ৰ এখন বোৰ্ড লগাই পৰি আছিল। যি ইউপিত ৰায়বৰেলী ৰেল কোচ ফেক্টৰীয়ে ডবা বনোৱা নাছিল, কেৱল ডবাৰ ৰং কৰি কাম চলাইছিল, সেই ইউপিত এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত ইমান গুৰুত্বসহকাৰে কাম হৈ আছে, যে ই ভাল ভাল ৰাজ্যকো পিছ পেলাই দিছে বন্ধুসকল। সমগ্ৰ দেশত এতিয়া ইউপিৰ পৰিচয় সলনি হৈ আছে। আপোনালোকৰ গৌৰৱ হয় নে নহয়? আজি ইউপিৰ নাম উজ্জ্বল হৈ আছে আপোনালোকৰ গৌৰৱ হৈ আছে নে নাই? এতিয়া সমগ্ৰ হিন্দুস্তানে ইউপিৰ প্ৰতি বৰ ভাল ভাবেৰে চাই আছে, আপোনালোকৰ আনন্দ হৈছে নে নাই হোৱা? আৰু বন্ধুসকল, কথা কেৱল হাইৱে বা এয়াৰৱেৰ নহয়। শিক্ষাৰ ক্ষেত্ৰই হওক, মেনুফেকচাৰিঙৰ ক্ষেত্ৰই হওক, কৃষিকৰ্ম হওক, ইউপি প্ৰতিটো ক্ষেত্ৰত আগবাঢ়ি আছে। আগৰ চৰকাৰৰ সময়ত ইউপিত প্ৰতি বছৰে এইটোও মনত ৰাখিব, ৰাখিব? ৰাখিব? অলপ হাত ওপৰলৈ তুলি কওক ৰাখিব? আগৰ চৰকাৰৰ সময়ত ইউপিত বছৰি গড়ে ৫০ কিলোমিটাৰ ৰেল লাইনৰ দ্বিপথকৰণ হৈছিল। কিমান? কিমান কিলোমিটাৰ? কিমান কিলোমিটাৰ? – পঞ্চাশ। আগতে আমি অহাৰ আগতে ৰেলৰ দ্বিপথকৰণ ৫০ কিলোমিটাৰ। মোৰ উত্তৰ প্ৰদেশৰ নজোৱানসকল ভৱিষ্যৎ কেনেকৈ গঢ় লয় চাওক, আজি গড়ে ২০০ কিলোমিটাৰৰ কাম হৈ আছে। ২০০ কিলোমিটাৰ ৰেল লাইনৰ দ্বিপথকৰণ হৈ আছে। ২০১৪ৰ আগতে ইউপিত কেৱল ১১ হাজাৰ কমন ছাৰ্ভিচ চেণ্টাৰ আছিল। অলপ পৰিসংখ্যা মনত ৰাখিব কিমান? কিমান? ১১ হাজাৰ। আজি ইউপিত এক লাখ ৩০ হাজাৰতকৈও অধিক কমন ছাৰ্ভিচ চেণ্টাৰে কাম কৰি আছে। এই পৰিসংখ্যা মনত ৰাখিব? এটা সময়ত ইউপিত কেৱল ১২খন মেডিকেল কলেজ আছিল। পৰিসংখ্যা মনত থাকিলনে কিমান মেডিকেল কলেজ? অলপ ডাঙৰকৈ কওক কিমান? ১২খন মেডিকেল কলেজ। আজি ইউপিত ৩৫খনৰো অধিক মেডিকেল কলেজ আছে আৰু ১৪খন নতুন মেডিকেল কলেজৰ ওপৰত কাম চলি আছে। অৰ্থাৎ ক'ত ১৪ আৰু ক'ত ৫০। ভাতৃ আৰু ভগ্নীসকল, বিকাশৰ যি ধাৰাত আজি দেশ গৈ আছে, তাৰ মূলতে দুটা প্ৰধান পদক্ষেপ আছে। এটা হৈছে অভিপ্ৰায় আৰু আনটো হৈছে মৰ্যাদা। দেশৰ বৰ্তমানৰ বাবে নতুন সুবিধাই গঢ়ি থকা নাই বৰং দেশৰ ভৱিষ্যতো গঢ়ি আছে। পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনৰ জৰিয়তে, আমি ২১শ শতিকাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ নিৰ্মাণত লাগি আছো। আৰু বন্ধুসকল, বিকাশৰ বাবে আমাৰ সেৱাৰ ভাব এনেকুৱা যে আমি সময়ৰ মৰ্যাদা ভংগ হ'বলৈ নিদিওঁ। আমি সময়ৰ মৰ্যাদা কেনেকৈ পালন কৰো, তাৰ অগণন উদাহৰণ এই উত্তৰ প্ৰদেশতে আছে। কাশীত বিশ্বনাথ ধামৰ সৌন্দৰ্য বৰ্ধনৰ কাম আমাৰ চৰকাৰে আৰম্ভ কৰিছিল আৰু আমাৰ চৰকাৰেই ইয়াক সম্পূৰ্ণ কৰি দেখুৱালে। গোৰখপুৰ এইমছৰ শিলান্যাসো আমাৰ চৰকাৰে কৰে আৰু তাৰ লোকাৰ্পণো এই চৰকাৰতে হ'ল। দিল্লী-মেৰঠ এক্সপ্ৰেছৱেৰ শিলান্যাসো আমাৰ চৰকাৰে কৰে আৰু তাৰ লোকাৰ্পণো আমাৰ চৰকাৰতে হ'ল। বুন্দেলখণ্ড এক্সপ্ৰেছৱেও তাৰে উদাহৰণ। ইয়াৰ কাম অহা বছৰ ফেব্ৰুৱাৰীত সম্পূৰ্ণ হোৱাৰ কথা আছিল কিন্তু ই ৭-৮ মাহ আগতেই সেৱাৰ বাবে সাজু মোৰ বন্ধুসকল। আৰু কৰোণাৰ পৰিস্থিতি সত্বেও কিমান জটিলতা আছে প্ৰতিটো পৰিয়ালে জানে। এই জটিলতাৰ মাজতে আমি এই কাম সময়তকৈ আগতে কৰিলো। এনেকুৱাই কামৰ জৰিয়তে প্ৰত্যেক দেশবাসীৰ বিশ্বাস হয় যে যি ভাবনাৰে তেওঁ নিজৰ ভোট দিলে, তাৰ সঠিক ৰূপত সন্মান হৈ আছে, সদ্ব্যৱহাৰ হৈ আছে। মই ইয়াৰ বাবে যোগীজী আৰু তেওঁৰ টীমক অভিনন্দন জানাইছো। বন্ধুসকল, যেতিয়া মই কোনো পথ উদ্বোধন কৰো, কোনো হাস্পতাল উদ্বোধন কৰো, কোনো কাৰখানা উদ্বোধন কৰো তেতিয়া মোৰ অন্তৰত এটাই ভাব হয় যে যিসকল ভোটদাতাই এইখন চৰকাৰ গঠন কৰিলে মই সেইসকলক সন্মান দিছো আৰু দেশৰ সকলো ভোটদাতাক সুবিধা দিছো। বন্ধুসকল, আজি সমগ্ৰ পৃথিৱীয়ে ভাৰতক বহুত আশাৰে চাই আছে। আমি নিজৰ স্বাধীনতাৰ ৭৫ বছৰৰ পৰ্ব পালন কৰি আছো, অহা ২৫ বছৰত ভাৰত যি উচ্চতাত থাকিব, তাৰ ৰোডমেপ বনাই আছে। আৰু আজি যেতিয়া মই বুন্দেলখণ্ডৰ ভূমিলৈ আহো, ঝান্সীৰ ৰাণী লক্ষ্মীবাঈৰ অঞ্চললৈ আহিছো। এই বীৰ ভূমিৰ পৰা মই হিন্দুস্তানৰ ছয় লাখতকৈও অধিক গাঁৱৰ মানুহক কৰজোৰে প্ৰাৰ্থনা কৰিছো যে আজি আমি যি স্বাধীনতাৰ পৰ্ব পালন কৰি আছো, ইয়াৰ বাবে শ শ বছৰ ধৰি আমাৰ পূৰ্ব পুৰুষসকলে যুঁজ কৰিছিল, বলিদান দিছিল, যাতনা ভূগিছিল, আমাৰ এয়া দায়িত্ব, এতিয়াৰে পৰা পৰিকল্পনা কৰক, অহা এমাহ ১৫ আগষ্টলৈকে প্ৰতিখন গাঁৱত অনেক কাৰ্যক্ৰম হওক, গাঁও লগ লাগি কাৰ্যক্ৰম কৰক, আজাদী কা অমৃত মহোৎসৱ পালনৰ যোজনা বনাওক। বীৰসকলক স্মৰণ কৰক, বলিদান স্মৰণ কৰক, স্বতন্ত্ৰ সেনানীক স্মৰণ কৰক, প্ৰত্যেক গাঁৱত নতুন সংকল্প লোৱাৰ এক বাতাবৰণ হওক। এয়া মই সকলো দেশবাসীক আজি এই বীৰৰ ভূমিৰ পৰা প্ৰাৰ্থনা জনাইছো। বন্ধুসকল, আজি ভাৰতত এনেকুৱা কোনো কাম হ'ব নালাগে, যাৰ আধাৰ বৰ্তমানৰ আকাংক্ষা আৰু ভাৰতৰ উন্নত ভৱিষ্যতৰ সৈতে সংযুক্ত নহয়। আমি যিয়েই সিদ্ধান্ত লওঁ, যিয়েই নিৰ্ণয় লওঁ, যিয়েই নীতি বনাওঁ, ইয়াৰ অন্তৰালত সবাতোকৈ ডাঙৰ চিন্তা এইটোৱেই হোৱা উচিত যে ইয়াৰ ফলত দেশৰ বিকাশ আৰু খৰতকীয়া হ'ব। তেনেকুৱা সকলো কথা, যাৰ ফলত দেশৰ লোকচান হ'ব, দেশৰ বিকাশত বাধা আহে, আমি তাৰ পৰা সদায়েই আঁতৰত থাকিব লাগিব। স্বাধীনতাৰ ৭৫ বছৰৰ পাছত ভাৰতে বিকাশৰ এয়া সবাতোকৈ ভাল সুযোগ পাইছে। আমি এই সুযোগ হেৰুৱাব নালাগিব। আমি এই কালখণ্ডত দেশৰ যিমান পাৰি অধিক বিকাশ কৰি তাক নতুন উচ্চতাত অৱতীৰ্ণ কৰাব লাগিব, নতুন ভাৰত গঢ়িব লাগিব। বন্ধুসকল, নতুন ভাৰতৰ সন্মুখত এটা এনেকুৱা প্ৰত্যাহ্বানো আছে, যাৰ ওপৰত এতিয়া মনোযোগ নিদিলে, ভাৰতৰ যুৱক-যুৱতীৰ, আজিৰ প্ৰজন্মৰ বহুত লোকচান হ'ব পাৰে। আপোনালোকৰ আজি নোহোৱা হৈ যাব আৰু আপোনালোকৰ আহিবলগা কাইলৈ আন্ধাৰত সোমাই যাব বন্ধুসকল। সেয়ে এতিয়াৰে পৰা সজাগ হোৱা দৰকাৰ। আজিকালি আমাৰ দেশত বিনামূলীয়া ৰেৱড়ী বিতৰণ কৰি ভোট খোজাৰ সংস্কৃতি অনাৰ পূৰাদমে চেষ্টা চলি আছে। এই ৰেৱড়ী সংস্কৃতি দেশৰ বিকাশৰ বাবে বহুত ঘাতক। এই ৰেৱড়ী সংস্কৃতিৰ পৰা দেশৰ জনসাধাৰণ আৰু বিশেষকৈ মোৰ যুৱক-যুৱতীসকল বহুত সাৱধান থাকিব লাগিব। ৰেৱড়ী সংস্কৃতিৰ লোকে কেতিয়াবা আপোনালোকৰ বাবে নতুন এক্সপ্ৰেছৱে নবনায়, নতুন এয়াৰপৰ্ট বা ডিফেঞ্চ কৰিডৰ নবনায়। ৰেৱড়ী সংস্কৃতি কৰাসকলে ভাবে যে জনতা জনাৰ্দনক বিনামূলীয়া ৰেৱড়ী ভগাই, তেওঁলোকক কিনি ল'ব। আমি একত্ৰিত হৈ তেওঁলোকৰ সেই ধাৰণাক পৰাস্ত কৰিব লাগিব, ৰেৱড়ী সংস্কৃতিক দেশৰ ৰাজনীতিৰ পৰা আঁতৰাব লাগিব। বন্ধুসকল, ৰেৱড়ী কালচাৰৰ পৰা বেলেগ, আমি দেশত পথ বনাই, নতুন ৰেল পথ বনাই, মানুহৰ আকাংক্ষা সম্পূৰ্ণ কৰাৰ কাম কৰি আছো। আমি দুখীয়াৰ বাবে কোটি কোটি পকাঘৰ বনাই আছো, দশক দশক ধৰি আধৰুৱা হৈ থকা জলসিঞ্চন পৰিকল্পনা সম্পূৰ্ণ কৰি আছো, সৰু-বৰ অনেক ডেম বনাই আছো, নতুন নতুন বিদ্যুতৰ কাৰখানা কৰি আছো, যাতে দুখীয়াৰ, কৃষকৰ জীৱন সহজ হয় আৰু মোৰ দেশৰ নজোৱানসকলৰ অনাগত ভৱিষ্যৎ অন্ধকাৰত ডুব নাযায়। বন্ধুসকল, এই কামত পৰিশ্ৰম লাগে, দিনে-নিশাই খাতিব লাগে, নিজক জনতাৰ সেৱাৰ বাবে সমৰ্পিত কৰিব লাগে। মই আনন্দিত যে দেশত য'তেই আমাৰ ডবল ইঞ্জিনৰ চৰকাৰ আছে, তেওঁলোকে বিকাশৰ বাবে ইমানেই যত্ন কৰি আছে। ডবল ইঞ্জিনৰ চৰকাৰে বিনামূলীয়া ৰেৱড়ী (মিঠাই) বিলোৱাৰ শ্বৰ্টকাট প্ৰয়োগ কৰা নাই, ডবল ইঞ্জিনৰ চৰকাৰে পৰিশ্ৰম কৰি ৰাজ্যৰ ভৱিষ্যৎ উন্নত কৰিবলৈ লাগি আছে। আৰু বন্ধুসকল, আজি মই আপোনালোকক আৰু এটা কথা ক'ম। দেশৰ সন্তুলিত বিকাশ, সৰু চহৰ আৰু গাঁৱতো আধুনিক সুবিধা উপলব্ধ হোৱা, এই কামো এক প্ৰকাৰৰ সঁচা অৰ্থত সামাজিক ন্যায়ৰ কাম। যি পূব ভাৰতৰ মানুহক, যি বুন্দেলখণ্ডৰ মানুহক দশক দশক ধৰি সুবিধাৰ পৰা বঞ্চিত কৰি ৰখা হ'ল, আজি যেতিয়া তাত আধুনিক ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ আছে, সেয়ে সামাজিক ন্যায়ো হৈ আছে। ইউপিৰ যিবোৰ জিলাক পিছপৰা বুলি ভাবি সিবিলাকক নিজৰ অৱস্থাতে এৰি দিয়া হৈছিল, তাত যেতিয়া বিকাশ হৈ আছে, এয়াও এক ধৰণৰ সামাজিক ন্যায়। প্ৰতিখন গাঁৱক পথেৰে সংযুক্ত কৰিবলৈ দ্ৰুতগতিত কাম কৰা, ঘৰে ঘৰে ৰন্ধন গেছৰ কানেকচন দিয়া, দুখীয়াক পকাঘৰৰ সুবিধা দিয়া, ঘৰে ঘৰে শৌচালয় বনোৱা, এই সকলো কামো সামাজিক ন্যায়কেই শক্তিশালী কৰাৰ পদক্ষেপ। বুন্দেলখণ্ডৰ মানুহৰো আমাৰ চৰকাৰৰ সামাজিক ন্যায় ভৰা কাৰ্যৰ জৰিয়তে বহুত লাভ হৈ আছে। ভাতৃ আৰু ভগ্নীসকল, বুন্দেলখণ্ডৰ আৰু এটা প্ৰত্যাহ্বান কম কৰিবলৈ আমাৰ চৰকাৰে নিৰন্তৰ কাম কৰি আছে। প্ৰতিটো ঘৰলৈ পাইপেৰে পানী পোৱাবলৈ আমি জল জীৱন মিছনৰ ওপৰত কাম কৰি আছো। এই মিছনৰ জৰিয়তে বুন্দেলখণ্ডৰ লাখ লাখ পৰিয়ালক পানীৰ কানেকচন দিয়া হৈছে। ইয়াৰ বহুত ডাঙৰ লাভ আমাৰ মাতৃসকলে, আমাৰ ভগ্নীসকলে পাইছে, তেওঁলোকৰ জীৱনৰ পৰা জটিলতা কম হৈছে। আমি বুন্দেলখণ্ডত নদীৰ পানী যিমান পাৰি বেছি মানুহৰ কাষলৈ নিবৰ বাবে অহৰহ প্ৰয়াস কৰি আছো। ৰতৌলী বান্ধ পৰিকল্পনা, ভাৱনী বান্ধ পৰিকল্পনা আৰু মঝগাঁও-চিল্লী স্প্ৰিংকলাৰ জলসিঞ্চন পৰিকল্পনা, এনেকুৱা প্ৰয়াসৰে পৰিণতি। কেন-বেতবা লিংক প্ৰজেক্টৰ বাবে কেইবা হাজাৰ কোটি টকা অনুমোদিত হৈ গৈছে। ইয়াৰ ফলত বুন্দেলখণ্ডৰ বহুত ডাঙৰ অংশৰ জীৱন সলনি হ'ব। বন্ধুসকল, মোৰ বুন্দেলখণ্ডৰ বন্ধুসকলৰ প্ৰতি আৰু এটা আহ্বান আছে। স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশে অমৃত সৰোবৰ নিৰ্মাণৰ সংকল্প লৈছে। বুন্দেলখণ্ডৰ প্ৰতিখন জিলাতো ৭৫টা অমৃত সৰোবৰ বনোৱা হ'ব। এয়া জল সুৰক্ষাৰ বাবে, অহা প্ৰজন্মসমূহৰ বাবে বহুত ডাঙৰ কাম হৈ আছে। মই আজি আপোনালোক সকলোকে ক'ম যে এই সৎ কামত সহায়ৰ বাবে অধিক সংখ্যাত আগুৱাই আহক। অমৃত সৰোবৰৰ বাবে গাঁৱে গাঁৱে তাঁৰ সেৱাৰ অভিযান চলা দৰকাৰ। ভাতৃ আৰু ভগ্নীসকল, বুন্দেলখণ্ডৰ বিকাশত বহুত ডাঙৰ শক্তি ইয়াৰ কুটীৰ উদ্যোগৰো আছে। আত্মনিৰ্ভৰ ভাৰতৰ বাবে আমাৰ চৰকাৰৰ দ্বাৰা এই কুটীৰ পৰম্পৰাৰ ওপৰতো জোৰ দি থকা হৈছে। মেক ইন ইণ্ডিয়া, ভাৰতৰ এই কুটীৰ পৰম্পৰাৰে শক্তিশালী হ'ব। সৰু প্ৰয়াসৰ জৰিয়তে কেনেকৈ ডাঙৰ প্ৰভাৱ পৰি আছে, ইয়াৰ এটা উদাহৰণ মই আজি আপোনালোকক আৰু দেশবাসীকো দিব বিচাৰিছো। বন্ধুসকল, ভাৰতে প্ৰতি বছৰে কেইবা কোটি টকাৰ পুতলা পৃথিৱীৰ আন দেশৰ পৰা আনি আছে। এতিয়া কওক, সৰু সৰু শিশুৰ বাবে সৰু সৰু পুতলাও বাহিৰৰ পৰা অনা হয়। ইয়াৰ বিপৰীতে ভাৰতত পুতলা বনোৱাটো পাৰিবাৰিক আৰু পৰম্পৰাগত উদ্যোগ আছে, পাৰিবাৰিক ব্যৱসায় আছে। সেই কথালৈ লক্ষ্য ৰাখি মই ভাৰতত পুতলাৰ উদ্যোগক নতুন ধৰণেৰে কাম কৰাৰ আহ্বান জনাইছিলো। মানুহকো ভাৰতীয় পুতলা ক্ৰয় কৰিবলৈ আহ্বান জনাইছিলো। ইমান কম সময়ত চৰকাৰৰ স্তৰত যি কাম কৰিবলৈ জৰুৰী আছিল সেয়াও আমি কৰিলো। এই সকলোৰে পৰিণতিত আজি প্ৰত্যেক হিন্দুস্তানীৰ গৌৰৱ হ'ব যে মোৰ দেশৰ মানুহে সঁচা কথাক অন্তৰত কেনেকৈ লয় এয়া তাৰ উদাহৰণ। ইয়াৰ পৰিণতিত আজি বিদেশৰ পৰা অহা পুতলাৰ সংখ্যা বহুত বেছি হাৰত কমি আহিছে। মই দেশবাসীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো। ইমানেই নহয়, ভাৰতৰ পৰা এতিয়া বৃহৎ সংখ্যাত পুতলা বিদেশলৈও যাবলৈ ধৰিছে। ইয়াৰ লাভ কোনে পাইছে? পুতলা বনোৱা আমাৰ বেছিভাগ বন্ধু দুখীয়া পৰিয়াল, দলিত পৰিয়াল, আদিবাসী পৰিয়াল। আমাৰ মহিলাসকল পুতলা বনোৱা কামত লাগি থাকে। এই উদ্যোগৰ পৰা আমাৰ এই সকলো লোকৰ লাভ হৈছে। ঝান্সী, চিত্ৰকূট, বুন্দেলখণ্ডত তো পুতলাৰ বহুত সমৃদ্ধ পৰম্পৰা আছে। ইয়াকো ডবল ইঞ্জিনৰ চৰকাৰৰ দ্বাৰা উৎসাহিত কৰি থকা হৈছে। বন্ধুসকল, দেৱবীৰৰ ভূমি বুন্দেলখণ্ডৰ বীৰসকলে খেলৰ পথাৰতো বিজয়ৰ পতাকা উৰুৱাইছে। দেশৰ সবাতোকৈ ডাঙৰ খেল সন্মানৰ নাম এতিয়া বুন্দেলখণ্ডৰ সুপুত্ৰ মেজৰ ধ্যানচন্দৰ নামতে আছে। ধ্যানচন্দজীয়ে যি মেৰঠত যথেষ্ট সময় পাৰ কৰিছিল, তাত তেওঁৰ নামেৰে এখন স্পোৰ্টছ ইউনিভাৰছিটীও বনাই থকা হৈছে। কিছু সময়ৰ আগতে আমাৰ ঝান্সীৰেই এগৰাকী কন্যা, শৈলী সিংহইও চমক দেখুৱালে। আমাৰেই বুন্দেলখণ্ডৰ কন্যা শৈলী সিংহই নতুন নতুন ৰেকৰ্ড বনোৱা শৈলী সিংহই যোৱা বছৰ আণ্ডাৰ টুৱেণ্টি ৱৰ্ল্ড এথলেটিকছ চেম্পিয়নশ্বিপত ছিলভাৰ মেডেলো জয় কৰিলে। বুন্দেলখণ্ড এনেকুৱা যুৱ প্ৰতিভাৰে পৰিপূৰ্ণ। ইয়াৰ যুৱক-যুৱতীসকলে আগবঢ়াৰ ডাঙৰ সুযোগ পাওক, ইয়াৰ পৰা স্থানান্তৰিত বন্ধ হওক, ইয়াত আধুনিক ইনফ্ৰাষ্ট্ৰাকচাৰ হওক, এই দিশতে আমাৰ চৰকাৰে কাম কৰি আছে। ইউপিয়ে এনেকুৱাই সুশাসনৰ নতুন পৰিচয়ক শক্তিশালী কৰি থাকক, এই কামনাৰেই আপোনালোক সকলোকে বুন্দেলখণ্ড এক্সপ্ৰেছৱেৰ বাবে আকৌ বহুত বহুত অভিনন্দন, আৰু পুনৰ মনত পেলাই দিছো ১৫ আগষ্টলৈকে গোটেই মাহটো হিন্দুস্তানৰ প্ৰতিটো ঘৰত, প্ৰতিখন গাঁৱত স্বাধীনতাৰ মহোৎসৱ পালন কৰা উচিত, চমকপ্ৰদ হোৱা উচিত, আপোনালোক সকলোকে বহুত শুভকামনা, বহুত বহুত ধন্যবাদ। সম্পূৰ্ণ শক্তিৰে কওক ভাৰত মাতা কী- জয়, ভাৰত মাতা কী- জয়, ভাৰত মাতা কী- জয়, বহুত বহুত ধন্যবাদ। (প্রধানমন্ত্রীৰ মূল ভাষণটো হিন্দীত দিছে)
উত্তৰপ্রদেশৰ জালাউনত বুন্দেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%8B%E0%A6%A8%E0%A7%87%E0%A6%9B%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%AD%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A3%E0%A7%B0-%E0%A6%B8%E0%A6%AE%E0%A7%9F%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%8B%E0%A6%A8%E0%A7%87%E0%A6%9B%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%AD%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A3%E0%A7%B0-%E0%A6%B8%E0%A6%AE%E0%A7%9F%E0%A6%A4/
মাননীয় ৰাষ্ট্রপতি জোকো উইডোডো, বিশিষ্ট প্রতিনিধিবৃন্দ, সংবাদ মাধ্যমৰ সদস্যসকল, ছেলামত ছিয়াং নমস্কাৰ! এই মহান তথা সুন্দৰ দেশখনলৈ এয়া মোৰ প্রথম ভ্ৰমণ। মই সৰ্বপ্ৰথমে এই ভ্ৰমণৰ সুন্দৰ ব্যৱস্থাপনা আৰু উষ্ণ আতিথ্যৰ বাবে ৰাষ্ট্রপতি উইডোডোক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ইণ্ডোনেছিয়াৰ বৈচিত্র্যপূৰ্ণ জাতীয় পোছাক পৰিধান কৰি সাধাৰণ লোক তথা কন কন মইনাসকলে মোক যিদৰে স্বাগত কৰিলে, সেইটোৱে মোৰ অন্তৰ বিশেষভাবে চুই গ’ল। ৰাষ্ট্রপতি মহোদয়ৰ দূৰদর্শিতাৰ বাবে, তেওঁৰ দূৰদর্শী নেতৃত্বৰ বাবে তথা আমাৰ অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে তেওঁৰ ব্যক্তিগত দায়বদ্ধতাক লৈ মোৰ গভীৰ শ্রদ্ধা আছে। বন্ধুসকল, শেহতীয়াভাৱে সন্ত্রাসবাদী আক্ৰমণত ইণ্ডোনেছিয়াৰ নিৰীহ লোকৰ মৃত্যুৰ খবৰে মোৰ অতিকে দুখ দিলে। ভাৰতে এই ধৰণৰ আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা কৰিছে। এনে জটিল সময়ত ভাৰতে ইণ্ডোনেছিয়াৰ কাষত দৃঢ়তাৰে ঠিয় হৈছে। এনেধৰণৰ আতংক সৃষ্টি কৰাৰ দৰে ঘটনাই এই বার্তাকে প্ৰেৰণ কৰে যে সন্ত্রাসবাদৰ বিৰুদ্ধে বিশ্বই একেলগে যুঁজাৰ যি প্রয়াস চলিছে, তাক আৰু ক্ষীপ্ৰ আৰু শক্তিশালী কৰা দৰকাৰ। বন্ধুসকল, ইণ্ডোনেছিয়াৰ যি পঞ্চশীল দর্শন, ইয়াৰ লোকসকলৰ বিবেক আৰু দূৰদর্শিতাৰে সমৃদ্ধ জীৱনেই তাৰ প্রমাণ। ইয়াত ধর্মীয় বিশ্বাসৰ লগতে সাংস্কৃতিক ঐতিহ্যৰো প্ৰচুৰ সংমিশ্ৰণ ঘটিছে। সামুদ্রিক দিশৰ পৰা চুবুৰীয়া তথা সামৰিক অংশীদাৰ হিচাপে আমাৰ চিন্তা-ভাৱনাৰ সাদৃশ্য আছে। সমুদ্র পথৰ সুৰক্ষা আৰু সংৰক্ষণ নিশ্চিত কৰাটো আমাৰ কর্তব্য। সেয়েহে আমাৰ আর্থিক নিৰাপত্তাৰ স্বার্থও অতি প্ৰয়োজন। আজিৰ পৰিৱর্তনশীল ভাৰত-প্রশান্ত মহাসাগৰীয় ক্ষেত্রত আমাৰ বিশেষ ভৌগোলিক কৌশলগত অৱস্থান আছে। একেদৰে আমি বিকাশ আৰু পৰিৱেশগত সমস্যাৰ সন্মুখীন হৈছো। ভাৰত-প্রশান্ত মহাসাগৰীয় ক্ষেত্রত সহযোগী হিচাপে এখন দেশে আনখনৰ প্রগতি আৰু সমৃদ্ধি নিশ্চিত কৰা আমাৰ পাৰস্পৰিক স্বার্থৰ পক্ষেও জৰুৰী। সেইবাবেই ভাৰত-প্রশান্ত মহাসাগৰীয় ক্ষেত্রৰ বাবে একে ধৰণৰ দৃষ্টিভংগী তথা সিদ্ধান্তৰ দিশত সন্মতি লাভ কৰিছে। ভাৰতৰ এক্ট ইষ্ট পলিচিৰ লগতে ‘S’এ এই অঞ্চলৰ সকলোৰে নিৰাপত্তা আৰু বিকাশৰ প্রসংগত আমাৰ দৃষ্টিভঙ্গীৰ লগতে ৰাষ্ট্রপতি উইডোডোৰ মেৰিটাইম ফুলক্রাম পলিচিৰ যথেষ্ট সাদৃশ্য আছে। ২০১৬ৰ ডিচেম্বৰ মাহত ৰাষ্ট্রপতি উইডোডোৰ ভাৰত ভ্ৰমণকালত আমি এটা ৰোডমেপ প্ৰস্তুত কৰিছলো। আজি আমাৰ আলোচনাত ইয়াক বাস্তৱ অগ্রগতিক লৈ পর্যালোচনা হয়। আজি আমাৰ মাজত হোৱা বুজাবুজি জৰিয়তে দুয়ো দেশৰ দ্বিপাক্ষিক সম্পর্ক আৰু অধিক শক্তিশালী কৰাত সুবিধা হ’ব। মই আনন্দিত যে আমাৰ সহযোগিতাৰ বিষয়টো ব্যাপক কৌশলগত অংশীদাৰিত্ব হিচাপে উন্নত কৰাৰ সিদ্ধান্ত লৈছো। আমি ২০২৫ৰ ভিতৰত দ্বিপাক্ষিক ব্যৱসায়-বাণিজ্যৰ লক্ষ্য ৫০বিলিয়ন ডলাৰলৈ অগ্ৰসৰ কৰিবলৈ নিজা প্রচেষ্টা দুগুণ কৰিম। আৰু এই প্রয়াসত চিইঅ’ ফোৰামৰ ইতিবাচক ভূমিকাৰ বাবে অভিনন্দন জনাইছো। বন্ধুসকল, আমাৰ দুয়ো দেশৰ মাজত হাজাৰ বছৰৰ শক্তিশালী সাংস্কৃতিক সম্পর্ক আছে। ইয়াৰে কিছু আভাস এই বছৰৰ গণতন্ত্র দিৱসত প্ৰদৰ্শিত পেৰেডৰ সময়ত আমি দেখিবলৈ পালো। এই বছৰ প্ৰদৰ্শিত পেৰেডত আছিয়ান-ভাৰত সম্পর্কৰ গতিশীল প্রদর্শনীত ভাৰতৰ ওড়িশাৰ ‘বালি-যাত্রা’ উৎসৱ প্ৰদৰ্শিত হৈছিল। প্রতিবছৰে উদযাপিত এই উৎসৱ আমাৰ হাজাৰ বছৰৰ পুৰণি সাংস্কৃতিক সম্পর্কক আজিও জীয়াই থকাৰ উদাহৰণ বুলি ক’ব পাৰি। ইফালে, ২০১৯চনত আমি আমাৰ ৰাজনৈতিক সম্পর্ক স্থাপনৰ ৭০সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰিম। এই সময়ত দুয়ো দেশেই বিভিন্ন ধৰণৰ বর্ণাঢ্য অনুষ্ঠান আয়োজিত কৰিম। বহু ভাৰতীয় পর্যটক ইণ্ডোনেছিয়ালৈ আহিব, বিশেকৈ বালিলৈ। উত্তৰাখণ্ড আৰু বালিক যুটীয়াভাৱে আয়োজিত হ’ব লগা অনুষ্ঠানত দেশৰ সাংস্কৃতিক বিনিময় আৰু বিস্তাৰিত হ’ব। উভয় দেশৰ জনসংখ্যাৰ ভিতৰত অধিকাংশ যুৱক। এই যুব অংশৰ সপোন বাস্তবায়িত কৰা আৰু তেওঁলোকক সংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ আমি শিক্ষা তথা দক্ষতা বৃদ্ধিৰ ক্ষেত্রত এখন দেশে আনখনৰ পৰা শিকিব পাৰো। আমি শিক্ষা, বিজ্ঞান আৰু প্রযুক্তিৰ ক্ষেত্রত সহযোগিতা বৃদ্ধিৰ ক্ষেত্রত সন্মত হৈছো। আমি ভাৰতৰ তথ্যপ্রযুক্তি সেৱাৰ ক্ষেত্রত সহযোগিতা বৃদ্ধিৰ প্রক্রিয়াক সম্প্রসাৰিত কৰাৰ দিশত ইণ্ডোনেছিয়াৰ শীর্ষ নেতৃত্বৰ চিন্তাক আদৰণী জনাইছো। এই বিষয়টো দুয়ো দেশৰ পক্ষে লাভজনক অংশীদাৰিত্বৰ বিষয় হৈ উঠিব। বন্ধুসকল, ভাৰত-আছিয়ান অংশীদাৰিত্ব এনে এক শক্তি, যি ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ উপৰি বিস্তৃত পৰিসৰত শান্তি আৰু সমানেই অগ্রগতিৰ বাবে গুৰুত্বপূর্ণ। আমি আছিয়ানত ইণ্ডোনেছিয়াৰ ইতিবাচক ভূমিকাক গুৰুত্ব দি আহিছো। একেদৰে ব্যাপক আঞ্চলিক সহযোগিতা আৰু সংহতিৰ বাবে এই সংস্থাৰ প্রয়াসক উদাহৰণ আৰু প্রেৰণাৰ বিষয় বুলি ভাৱো। মই আছিয়ানত ভাৰতৰ কৌশলগত অংশীদাৰিত্ব বৃদ্ধিৰ ক্ষেত্ৰত ইণ্ডোনেছিয়াৰ সমর্থনৰ বাবে ৰাষ্ট্রপতি উইডোডোৰ প্রতি কৃতজ্ঞতা জনাইছো। মই আগষ্টত ১৮সংখ্যক এছিয়ান গেমছৰ আয়োজক দেশ হোৱাৰ বাবে শুভেচ্ছা জনাইছো। মোৰ বিশ্বাস সেয়া নিঃসন্দেহে এক আকর্ষণীয়, সফল আৰু ঐতিহাসিক অনুষ্ঠান হিচাপে পৰিগণিত হ’ব। ইফালে, ৰমজানৰ এই পবিত্র মাহত ১২৫ কোটি ভাৰতীয়ৰ হৈ ইণ্ডোনেছিয়াৰ সকলো লোকৰ সমৃদ্ধি, সু-স্বাস্থ্য আৰু সফলতা কামনা কৰাৰ লগতে ঈদ-উল-ফিতৰ উৎসৱৰ বাবেও সকলোকে অভিনন্দন জনাইছো। সকলোকে বহুত বহুত ধন্যবাদ! তাৰিমা কাছি বন্যাক!
ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী প্ৰেছ বিবৃতি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%87%E0%A7%B0%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BF%E0%A6%95%E0%A6%A4-%E0%A6%A6%E0%A7%87%E0%A6%96%E0%A7%81%E0%A6%93%E0%A7%B1%E0%A6%BE-%E0%A6%AA%E0%A7%8D%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%87%E0%A7%B0%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BF%E0%A6%95%E0%A6%A4-%E0%A6%A6%E0%A7%87%E0%A6%96%E0%A7%81%E0%A6%93%E0%A7%B1%E0%A6%BE-%E0%A6%AA%E0%A7%8D%E0%A7%B0/
পেৰালিম্পিকত দেখুওৱা প্ৰদৰ্শনৰ বাবে ভৱিনা পেটেলক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু কাইলৈ যাতে সফলতা লাভ কৰিব পাৰে তাৰ বাবে তেওঁ দেশৰ হৈ সমৰ্থনো আগবঢ়ায়। এই সন্দৰ্ভত প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে, “অভিনন্দন ভৱিনা পেটেল! তুমি অনবদ্য খেলিছা। সমগ্ৰ দেশেই তোমাৰ সাফল্য কামনা কৰি প্ৰাৰ্থনা কৰিছে আৰু কাইলৈও উত্সাহ দিয়াৰ বাবে তোমাৰ কাষত সকলো থাকিব। নিজৰ সৰ্বোত্তমখিনি উজাৰি দিয়া আৰু সম্পূৰ্ণ চাপমুক্ত হৈ খেলা। তোমাৰ সাফল্যই সমগ্ৰ ৰাষ্ট্ৰকে অনুপ্ৰাণিত কৰিছে”।#Paralympics
পেৰালিম্পিকত দেখুওৱা প্ৰদৰ্শনৰ বাবে ভৱিনা পেটেলক অভিনন্দন প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF/
অনুষ্ঠানটোত উপস্থিত থকা মন্ত্ৰী পৰিষদৰ আমাৰ সহকৰ্মী স্মৃতি ইৰাণীজী, ড০ মহেন্দ্ৰ ভাই, সকলো বিষয়া, সকলো অভিভাৱক আৰু শিক্ষক আৰু ভাৰতৰ ভৱিষ্যত, মোৰ সকলো যুৱ বন্ধু! আপোনালোকৰ সৈতে কথা পাতি বহুত ভাল লাগিল। মই আপোনালোকৰ অভিজ্ঞতাৰ বিষয়েও জানিলো। আপোনালোকে কলা-সংস্কৃতিৰ পৰা বীৰত্বলৈকে, শিক্ষাৰ পৰা উদ্ভাৱন, সমাজ সেৱা আৰু ক্ৰীড়ালৈকে বিভিন্ন ক্ষেত্ৰত আপোনালোকৰ ব্যতিক্ৰমী সাফল্যৰ বাবে পুৰস্কাৰ লাভ কৰিছে। আৰু এই বঁটাবোৰ এটা ডাঙৰ ঘটনাৰ পিছত আপোনালোকৰ ওচৰলৈ আহিছে। শিশুসকল দেশৰ প্ৰতিটো কোণৰ পৰা আগবাঢ়ি আহিছে। তাৰে ভিতৰত আপোনালোকে এই বঁট লাভ কৰিছে। অৰ্থাৎ, বঁটা প্ৰাপ্ত ব্যক্তিৰ সংখ্যা কম, কিন্তু এনেদৰে প্ৰতিশ্ৰুতিশীল শিশুৰ সংখ্যা আমাৰ দেশত অতুলনীয়। এই বঁটাসমূহৰ বাবে আপোনালোক সকলোকে আকৌ এবাৰ অভিনন্দন জনাইছো। আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসো। মই দেশৰ সকলো কন্যাক অভিনন্দন জনাইছো আৰু শুভকামনা জনাইছো। বন্ধুসকল, আপোনালোকৰ সৈতে, মই আপোনালোকৰ পিতৃ-মাতৃ আৰু শিক্ষকসকলক বিশেষভাৱে অভিনন্দন জনাইছো। আজি আপোনালোক এই বিন্দুত উপনীত হৈছে, ইয়াৰ আঁৰত তেওঁলোকৰ এক বৃহৎ অৱদান আছে। সেয়েহে, আপোনালোকৰ প্ৰতিটো সফলতা হৈছে আপোনাৰ প্ৰিয়জনৰ সফলতা। ইয়াত আপোনালোকৰ প্ৰিয়জনৰ প্ৰচেষ্টা আৰু তেওঁলোকৰ অনুভূতি অন্তৰ্ভুক্ত থাকে। মোৰ যুৱ বন্ধুসকল, আজি আপোনালোকে লাভ কৰা বঁটাটো আন এটা কাৰণৰ বাবে অতি বিশেষ উল্লেখযোগ্য হিচাপে বিবেচিত হৈছে। এই বঁটাবোৰ এটা সুযোগ! দেশখনে বৰ্তমান ইয়াৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰি আছে। আপোনালোকে এই গুৰুত্বপূৰ্ণ সময়ত এই বঁটা লাভ কৰিছে। আপোনালোকে গোটেই জীৱন গৌৰৱেৰে ক'ব যে যেতিয়া মোৰ দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছিল, মই এই বঁটা লাভ কৰিছিলো। এই পুৰস্কাৰৰ সৈতে, আপোনালোকে এক ডাঙৰ দায়িত্ব লাভ কৰিছে। এতিয়া বন্ধুবৰ্গ, পৰিয়াল, সমাজ, সকলোৰে প্ৰত্যাশাও আপোনালোকৰ পৰা বৃদ্ধি পাইছে। আপোনালোকে এই প্ৰত্যাশাবোৰৰ চাপ ল'ব নালাগে, আপোনালোকে সেইবোৰৰ পৰা অনুপ্ৰেৰণা ল'ব লাগিব। যুৱ বন্ধুসকল, আমাৰ দেশৰ সৰু ল'ৰা-ছোৱালী, পুত্ৰ আৰু কন্যাসকলে প্ৰতিটো যুগতে ইতিহাস লিখিছে। আমাৰ স্বাধীনতা সংগ্ৰামত বীৰবালা কনকলতা বৰুৱা, খুদিৰাম বসু, ৰাণী গাইডিলুৰৰ দৰে নায়কসকলৰ এক ইতিহাস আছে যিয়ে আমাক গৌৰৱেৰে ভৰাই তোলে। এই যোদ্ধাসকলে দেশৰ স্বাধীনতাক অতি কম বয়সতে তেওঁলোকৰ জীৱনৰ লক্ষ্য কৰি তুলিছিল, ইয়াৰ বাবে নিজকে সমৰ্পিত কৰিছিল। আপোনালোকে নিশ্চয় টিভিত দেখিছে, মই যোৱা বছৰ দেৱালীত জম্মু আৰু কাশ্মীৰৰ নওচেৰা চেক্টৰলৈ গৈছিলো। তাত মই শ্ৰী বলদেৱ সিং আৰু শ্ৰীমান বসন্ত সিং নামৰ এনে নায়কসকলক লগ পাইছিলো, যিসকলে কাশ্মীৰৰ মাটিত স্বাধীনতাৰ ঠিক পিছতে যুদ্ধ কৰিছিল, এতিয়া তেওঁলোক বহুত বৃদ্ধ, তেতিয়া তেওঁলোক বহুত সৰু আছিল আৰু সেই যুদ্ধত শিশু সৈনিকৰ ভূমিকা পালন কৰিছিল। আৰু তেওঁলোকক প্ৰথমে আমাৰ সেনাবাহিনীত এজন শিশু-সৈনিক হিচাপে চিনাক্ত কৰা হৈছিল। তেওঁলোকে ইমান কম বয়সতে সৈন্যবাহিনীক সহায় কৰিছিল ৷ একেদৰে, আমাৰ ভাৰতৰ আন এটা উদাহৰণ হৈছে গুৰু গোবিন্দ সিং জীৰ পুত্ৰসকলৰ বীৰত্ব আৰু ত্যাগ! যেতিয়া চাহিবজাদসকলে অপৰিসীম বীৰত্ব, ধৈৰ্য্য, সাহসেৰে সম্পূৰ্ণ সমৰ্পণেৰে ত্যাগ কৰিছিল, তেতিয়া তেওঁলোক বহুত সৰু আছিল। ভাৰতৰ সভ্যতা, সংস্কৃতি, বিশ্বাস আৰু ধৰ্মৰ বাবে তেওঁৰ ত্যাগ অতুলনীয়। চাহিবজাদসকলৰ ত্যাগৰ স্মৃতিত দেশখনে ২৬ ডিচেম্বৰত 'বীৰ বল দিৱস' আৰম্ভ কৰিছে। মই আপোনালোকে এওঁলোক সকলোৰে বিষয়ে অধ্যয়ন কৰাটো বিচাৰো। আপোনালোকে নিশ্চয় দেখিছে যে, কালি দিল্লীৰ ইণ্ডিয়া গেটৰ ওচৰত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা ডিজিটেল প্ৰতিমূৰ্তিও স্থাপন কৰা হৈছে। নেতাজীৰ পৰা আমি পোৱা আটাইতকৈ ডাঙৰ অনুপ্ৰেৰণা হৈছে কৰ্তব্য, ৰাষ্ট্ৰ প্ৰথম! নেতাজীৰ পৰা অনুপ্ৰেৰণা লৈ আমি সকলোৱে আৰু যুৱ প্ৰজন্মই, বিশেষকৈ দেশৰ বাবে, আমাৰ কৰ্তব্যৰ পথত আগবাঢ়িব লাগিব। বন্ধুসকল, আমাৰ স্বাধীনতাৰ ৭৫ বছৰ গুৰুত্বপূৰ্ণ কিয়নো আজি আমাৰ সন্মুখত আমাৰ অতীতৰ পৰা শক্তি লোৱাৰ, আমাৰ অতীতক লৈ গৌৰৱান্বিত হোৱাৰ সময়। বৰ্তমানৰ সংকল্পবোৰ পূৰণ কৰাৰ সময় আহি পৰিছে। এইটো ভৱিষ্যতৰ বাবে নতুন সপোন দেখা, নতুন লক্ষ্য নিৰ্ধাৰণ কৰা আৰু সেইবোৰৰ ওপৰত বিকাশ কৰাৰ সময়। এই লক্ষ্যবোৰ পৰৱৰ্তী ২৫ বছৰৰ বাবে, যেতিয়া দেশখনে ইয়াৰ স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব। এতিয়া আপোনালোকে কল্পনা কৰক, আজি আপোনালোকৰ বেছিভাগৰ বয়স ১০ ৰ পৰা ২০ বছৰৰ ভিতৰত। যেতিয়া স্বাধীনতাৰ ১০০ বছৰ হ’ব, আপুনি জীৱনৰ সেই পৰ্যায়ত থাকিব, তেতিয়া কিমান বিশাল, ঐশ্বৰিক, প্ৰগতিশীল, এই দেশ উচ্চতাত উপনীত হৈছে, আপোনাৰ জীৱন কিমান সুখ আৰু শান্তিৰে পৰিপূৰ্ণ হ'ব। অৰ্থাৎ, এই লক্ষ্যবোৰ আমাৰ যুৱ প্ৰজন্মৰ বাবে, আপোনাৰ প্ৰজন্মৰ বাবে আৰু আপোনাৰ বাবে। অহা ২৫ বছৰত, যি উচ্চতাত দেশ উপনীত হ'ব, দেশৰ শক্তি বৃদ্ধি পাব, আমাৰ যুৱ প্ৰজন্মই ইয়াত যথেষ্ট বৃহৎ ভূমিকা পালন কৰিব লাগিব। বন্ধুসকল, আমাৰ পূৰ্বপুৰুষসকলে যি ৰোপণ কৰিছিল তাৰ ফল, তেওঁলোকে কৰা তপস্যা, তেওঁলোকে কৰা ত্যাগ, আমি সকলোৱে আশীৰ্ব্বাদ লাভ কৰিছোঁ। কিন্তু আপোনালোৰ হ’ল সেই লোকসকল, আপোনালোক এনে এটা সময়ত উপনীত হৈছে, দেশ আজি সেই ঠাইত উপনীত হৈছে যে আপুনি যি ৰোপণ কৰে তাৰ ফল আপুনি খাব পাৰিব, ইমান সোনকালে পৰিৱৰ্তন হ'ব। বন্ধুসকল, আজি আপোনালোকে লাভ কৰা এই বঁটাসমূহে আমাৰ যুৱ প্ৰজন্মৰ সাহস আৰু সাহসিকতাক প্ৰতিনিধিত্ব কৰে। এই সাহস আৰু সাহসিকতা আজি নতুন ভাৰতৰ বিশেষত্ব। আমি ক’ৰোনা, আমাৰ বিজ্ঞানী, আমাৰ ভেকছিন নিৰ্মাতাসকলৰ হ’কে দেশৰ যুঁজ দেখিছোঁ আৰু দেশক ভেকছিন প্ৰদান কৰা হৈছে। আমাৰ স্বাস্থ্যসেৱা কৰ্মীসকলে ভয় নকৰাকৈ দেশবাসীলৈ সেৱা আগবঢ়াইছে, আনকি আটাইতকৈ কঠিন সময়তো, আমাৰ নাৰ্চসকলে গাওঁ, কঠিন স্থানলৈ গৈ আছে আৰু মানুহক টীকাকৰণ কৰিছে, এয়া এখন দেশ হিচাপে সাহস আৰু ত্যাগৰ এক উৎকৃষ্ট উদাহৰণ। একেদৰে, সীমাত থিয় হৈ থকা আমাৰ সৈনিকসকলৰ বীৰত্ব চাওক। দেশক সুৰক্ষা দিবলৈ তেওঁলোকৰ সাহস আমাৰ পৰিচয় হৈ পৰিছে। আমাৰ খেলুৱৈসকলেও সেইটো প্ৰাপ্ত কৰি আছে যিটো আজি ভাৰতৰ বাবে কেতিয়াও সম্ভৱ বুলি বিবেচনা কৰা হোৱা নাছিল। একেদৰে, যিবোৰ অঞ্চলত ছোৱালীক আগতে অনুমতি দিয়া হোৱা নাছিল, সেইবোৰত আজি কন্যাসকলে আশ্চৰ্যকৰ কাম কৰি আছে। এয়া হৈছে নতুন ভাৰত সেইটো আজি ভাৰতৰ পৰিচয়। বন্ধুসকল, বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যত শক্তিশালী কৰাৰ বাবে ভাৰতে নিৰন্তৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে স্থানীয় ভাষাত শিক্ষাদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ই আপোনালোকৰ বাবে পঢ়িবলৈ, শিকিবলৈ সহজ কৰি তুলিব। আপোনালোকক নিজৰ পচন্দৰ বিষয়বোৰ পঢ়িবলৈ সক্ষম কৰিবলৈ শিক্ষা নীতিত বিশেষ ব্যৱস্থাও কৰা হৈছে। সমগ্ৰ দেশৰ হাজাৰ হাজাৰ বিদ্যালয়ত নিৰ্মাণ কৰা অটল টিংকাৰিং লেবে অধ্যয়নৰ প্ৰাৰম্ভিক দিনৰ পৰাই শিশুসকলৰ মাজত উদ্ভাৱনৰ ক্ষমতা বৃদ্ধি কৰি আহিছে। বন্ধুসকল, স্বচ্ছ ভাৰত অভিযানৰ সফলতাৰ বাবে মই ভাৰতৰ সন্তানসকলকো যথেষ্ট কৃতিত্ব দিছো। আপোনালোকে আপোনালোকৰ পৰিয়ালক ঘৰে ঘৰে শিশু সৈনিক হৈ, স্বচ্ছাগ্ৰহী হৈ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে প্ৰচাৰ চলাবলৈ অনুপ্ৰাণিত কৰিছিল। ঘৰৰ মানুহে, পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰাখে, ঘৰৰ ভিতৰত আৰু বাহিৰত কোনো লেতেৰা থাকিব নালাগে, শিশুসকলে নিজেই ইয়াৰ নেতৃত্ব লৈছিল। আজি মই দেশৰ শিশুসকলৰ পৰা আৰু এটা বিষয়ৰ বাবে সহযোগিতা বিচাৰিছো। আৰু যদি শিশুৱে মোক সমৰ্থন কৰে, তেন্তে প্ৰতিটো পৰিয়ালত পৰিৱৰ্তন হ'ব। আৰু মই নিশ্চিত যে এইসকল মোৰ সৰু বন্ধু, মোৰ সৈন্যবাহিনীয়ে মোক এই কামত যথেষ্ট সহায় কৰিব। ঠিক যেনেদৰে আপোনালোকে পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ বাবে আগবাঢ়ি আহিছিল, ঠিক তেনেদৰে আপোনালোকে ভ’কেল ফৰ লকেলৰ বাবে আগবাঢ়ি আহক। আপোনালোতে ঘৰত বহি, সকলো ভাই-ভনীৰ সৈতেএখন তালিকা তৈয়াৰ কৰক, গণনা কৰক, কাগজখন লৈ চাওঁক, আপোনালোকে ৰাতিপুৱাৰ পৰা নিশালৈকে ব্যৱহাৰ কৰা বস্তুবোৰ, ঘৰৰ সামগ্ৰী, ভাৰতত তৈয়াৰ নকৰা কিমান সামগ্ৰী আছে, কিমানবোৰ সামগ্ৰী বিদেশী। ইয়াৰ পিছত, ঘৰৰ লোকসকলক অনুৰোধ কৰক যে ভৱিষ্যতে যেতিয়া এনে ধৰণৰ সামগ্ৰী ক্ৰয় কৰা হয়, যিবোৰ ভাৰতত তৈয়াৰ কৰা হয়। ইয়াত ভাৰতৰ মাটিৰ সুবাস থাকিব লাগে, য'ত ভাৰতৰ যুৱ প্ৰজন্মৰ ঘামৰ সুবাস আছে। যেতিয়া আপোনালোকে ভাৰতত তৈয়াৰ কৰা বস্তু ক্ৰয় কৰে তেতিয়া কি হ'ব? আমাৰ উৎপাদন বৃদ্ধি হ'ব। সকলোতে উৎপাদন বৃদ্ধি হ'ব। আৰু যেতিয়া উৎপাদন বৃদ্ধি হ’ব, নতুন নিযুক্তিৰ সুযোগো সৃষ্টি কৰা হ'ব। যেতিয়া নিযুক্তি বৃদ্ধি হয়, আপোনালোকৰ জীৱনো স্বাৱলম্বিত হ'ব। সেয়েহে স্বাৱলম্বী ভাৰত, আমাৰ যুৱ প্ৰজন্মৰ বাবে অভিযানো আপোনালোক সকলোৰে সৈতে সংযুক্ত হৈ আছে। বন্ধুসকল, আজিৰ পৰা দুদিনৰ পিছত, দেশখনে ইয়াৰ গণতন্ত্ৰ দিৱসো উদযাপন কৰিব। আমি গণতন্ত্ৰ দিৱসত আমাৰ দেশৰ বাবে কিছু নতুন সংকল্প ল'ব লাগিব। আমাৰ এই সংকল্পসমূহ সমাজৰ বাবে, দেশৰ বাবে আৰু সমগ্ৰ বিশ্বৰ ভৱিষ্যতৰ বাবে হ'ব পাৰে। যেন পৰিৱেশৰ উদাহৰণ আমাৰ সন্মুখত আছে। ভাৰতে আজি পৰিৱেশৰ দিশত ইমান কাম কৰি আছে, আৰু ই সমগ্ৰ বিশ্বক উপকৃত কৰিব। মই বিচাৰোঁ যে আপোনালোকে ভাৰতৰ পৰিচয়ৰ সৈতে সম্পৰ্কিত প্ৰস্তাৱসমূহৰ বিষয়ে চিন্তা কৰক, যি ভাৰতক আধুনিক আৰু বিকাশত সহায় কৰিব। মই নিশ্চিত যে আপোনালোকৰ সপোনবোৰ দেশৰ সংকল্পৰ সৈতে সংযুক্ত হ'ব, আৰু আপোনালোকে অনাগত সময়ত দেশৰ বাবে অগণন অভিলেখ স্থাপন কৰিব। এই বিশ্বাসৰ সৈতে আপোনালোক সকলোকে আকৌ এবাৰ অভিনন্দন জনাইছো ৷ মোৰ সকলো শিশু বন্ধুক অশেষ অভিনন্দন জনাইছো , আপোনালোকক অশেষ ধন্যবাদ জনাইছো!
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা বিজয়ীসকলৰ সৈতে বাৰ্তালাপত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠৰ অসমীয়া অনুবা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%87%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%AD%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%87%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%AD%E0%A6%BE/
১. নেপালত ৫০,০০০ গৃহ পুনৰ নিৰ্মাণৰ বাবে ভাৰতৰ গৃহ অনুদান ব্যৱহাৰ সম্পৰ্কীয় নীতি নিৰ্দেশিকা চুক্তি বিত্ত মন্তালয়ৰ সচিব শ্ৰী শান্তা ৰাজ সুবেদি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বৈদেশিক সচিব শ্ৰী এছ. জয়শংকৰ ২. নেপালৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত শিক্ষাখণ্ডৰ পুনৰ নিৰ্মাণৰ বাবে ভাৰতে আগবঢ়োৱা অনুদান কাৰ্যকৰীকৰণ সম্পৰ্কীয় চুক্তি বিত্ত মন্তালয়ৰ সচিব শ্ৰী শান্তা ৰাজ সুবেদি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বৈদেশিক সচিব শ্ৰী এছ. জয়শংকৰ ৩. নেপালৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত সাংস্কৃতিক ঐতিহ্য থকা খণ্ডৰ পুনৰ নিৰ্মাণৰ বাবে ভাৰতে আগবঢ়োৱা অনুদান কাৰ্যকৰীকৰণ সম্পৰ্কীয় চুক্তি বিত্ত মন্তালয়ৰ সচিব শ্ৰী শান্তা ৰাজ সুবেদি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বৈদেশিক সচিব শ্ৰী এছ. জয়শংকৰ ৪. নেপালৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত স্বাস্থ্যখণ্ডৰ পুনৰ নিৰ্মাণৰ বাবে ভাৰতে আগবঢ়োৱা অনুদান কাৰ্যকৰীকৰণ সম্পৰ্কীয় চুক্তি বিত্ত মন্তালয়ৰ সচিব শ্ৰী শান্তা ৰাজ সুবেদি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বৈদেশিক সচিব শ্ৰী এছ. জয়শংকৰ ৫. এছিয়া উন্নয়ন বেংকৰ দক্ষিণ এছিয়া আঞ্চলিক অর্থনৈতিক সহযোগিতা ব্যৱস্থাৰ অধীনত পথ সংযোগী প্রকল্পত (দ্বিতীয় পৰ্যায়ৰ আর্থিক সাহাৰ্য) ভাৰত চৰকাৰৰ আর্থিক সাহাৰ্যত মেচি সেঁতু নির্মাণ প্রকল্পৰ ৰূপায়ণ, ব্যয়ৰ অংশীদাৰিত্ব, সময়সূচী আৰু ৰক্ষাকবচ সম্পৰ্কীয় বুজাবুজি চুক্তি আন্তঃগাঁথনি আৰু পৰিবহণ মন্ত্ৰালয়ৰ সচিব শ্ৰী দেৱেন্দ্ৰ কাৰ্কী পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ সচিব শ্ৰী যুদ্ধবীৰ সিং মালিক ৬. মাদক দ্ৰব্যৰ চাহিদা হ্ৰাস আৰু অবৈধ মাদক দ্ৰব্য সৰবৰাহ ৰোধ, চাইক্ৰটিপক পদাৰ্থ আৰু ৰাসায়নিক আৰু অন্যান্য দিশৰ বুজাবুজি চুক্তি স্বাক্ষৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী লোক দৰ্শন ৰেগমি বিত্ত মন্ত্ৰালয়ৰ ৰাজহ সচিব, শ্ৰী হশমুখ আধিয়া ৭. মানক আৰু মান বিষয়ক পৰ্যালোচনাৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি নেপাল ব্যুৰ’ অৱ ষ্টেণ্ডাৰ্ড এণ্ড মেট্ৰ’ল’জী শ্ৰী বিশ্ব বাবু পুডাছাইনী ভাৰতীয় মানক ব্যুৰ’ৰ সঞ্চালক প্ৰধান শ্ৰী সঞ্জয় সিং ৮. ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠান আৰু নেপালৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠানৰ মাজত বুজাবুজি চুক্তি নেপালৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠানৰ অ্ধ্যক্ষ শ্ৰী প্ৰকাশ জে, থাপা ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠানৰ অধ্যক্ষ শ্ৰী নিলেশ এছ. বিকামছে
নেপালৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ কালত স্বাক্ষৰিত বুজাবুজিৰ তালিকা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%85%E0%A7%B0%E0%A7%8D%E0%A6%A5%E0%A6%A8%E0%A7%80%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%85%E0%A7%B0%E0%A7%8D%E0%A6%A5%E0%A6%A8%E0%A7%80%E0%A6%A4/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লণ্ডন স্কুল অফ ইকনমিক্সৰ অৰ্থনীতি বিজ্ঞানৰ অধ্যাপক লৰ্ড নিকলাছ ষ্টাৰ্ণক সাক্ষাৎ কৰে। দুয়োজন গণ্যমান্যই বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। লৰ্ড নিকলাছ ষ্টাৰ্ণৰ এটা টুইটৰ প্ৰতিক্ৰিয়াত, প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; "@lordstern1ক সাক্ষাৎ কৰি আৰু বিভিন্ন বিষয়ৰ আলোচনা কৰি সুখী। পৰিৱেশৰ প্ৰতি তেওঁৰ অনুভূতি আৰু নীতি সম্পৰ্কীয় বিভিন্ন বিষয়ৰ সামান্য প্ৰভেদযুক্ত উপলব্ধি প্ৰশংসনীয়। তেওঁ ভাৰতক লৈও আশাবাদী আৰু ১৩০ কোটি ভাৰতীয়ৰ দক্ষতাত বিশ্বাসী।"
প্রধানমন্ত্রীয়ে অৰ্থনীতিবিদ নিকলাছ ষ্টাৰ্ণক সাক্ষাৎ কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A6%82%E0%A6%97%E0%A6%BE%E0%A6%B2%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%A4-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%A8%E0%A6%BE%E0%A6%A6%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AD%E0%A7%81/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A6%82%E0%A6%97%E0%A6%BE%E0%A6%B2%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%A4-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%A8%E0%A6%BE%E0%A6%A6%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AD%E0%A7%81/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংগালুৰুত শ্ৰী নাদপ্ৰভু কেম্পেগৌড়াৰ ১০৮ ফুট দীঘল ব্ৰঞ্জৰ মূৰ্তি এটি উন্মোচন কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিমূৰ্তিটোত পুষ্পাঞ্জলি জ্ঞাপন কৰে আৰু পবিত্ৰ পানী আগবঢ়ায়। তেওঁ এটা গছপুলিও ৰোপণ কৰে। বাংগালুৰুৰ চহৰখনৰ প্ৰতিষ্ঠাপক নাদপ্ৰভু কেম্পেগৌড়াৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ জৰিয়তে চহৰখনৰ বিকাশৰ দিশত তেওঁৰ অৱদানক স্বীকৃতি প্ৰদান কৰা হল। এই মূৰ্তিটো নিৰ্মাণ কৰিছে ষ্টেচু অৱ ইউনিটিৰ নিৰ্মাতা ৰাম ভি সুতাৰে। ইয়াৰ নিৰ্মাণত ৯৮ টন ব্ৰঞ্জ আৰু ১২০ টন ষ্টীল ব্যৱহাৰ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে; "বেংগালুৰু চহৰ নিৰ্মাণত শ্ৰী নাদপ্ৰভু কেম্পেগৌড়াৰ ভূমিকা অতুলনীয়। তেওঁক এজন দূৰদৰ্শী ব্যক্তি হিচাপে স্মৰণ কৰা হয় যিয়ে সদায় জনকল্যাণক অগ্ৰাধিকাৰ দিছিল। বাংগালুৰুত 'সমৃদ্ধিৰ মূৰ্তি' উন্মোচন কৰি নিজকে সন্মানিত অনুভৱ কৰিছোঁ।" প্ৰধানমন্ত্ৰীৰ সৈতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বাসবৰাজ বোম্মাই, কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱৰ চান্দ গেহলট আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীও উপস্থিত থাকে।
বাংগালুৰুত শ্ৰী নাদপ্ৰভু কেম্পেগৌড়াৰ ১০৮ ফুট দীঘল ব্ৰঞ্জৰ মূৰ্তি উন্মোচন কৰে প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A6%BE%E0%A6%95%E0%A7%B0%E0%A6%BF%E0%A7%B0-%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%AF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A6%BE%E0%A6%95%E0%A7%B0%E0%A6%BF%E0%A7%B0-%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%AF/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত চাকৰিৰ ক্ষেত্ৰত অন্যান্য পিছপৰা শ্রেণীৰ প্রার্থীসকলৰ সংৰক্ষণৰ স্বার্থত কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, বেংক আৰু বীমা প্ৰতিষ্ঠানৰ দৰে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু অন্যান্য সংস্থাত চৰকাৰী পদৰ সম মৰ্যাদাৰ পদ সৃষ্টিত অনুমোদন জনাইছে। বিগত ২৪ বছৰে এই বিষয়টো মীমাংসা নোহোৱাকৈ আছিল। কেবিনেটৰ এই সিদ্ধান্তৰ ফলত বিভিন্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান তথা অন্যান্য প্রতিষ্ঠানত চাকৰি লাভৰ বাবে অপেক্ষাত থকা নিম্ন বৰ্গৰ কর্মীসকলৰ সন্তানে অন্যান্য পিছপৰা শ্রেণীৰ বাবে সংৰক্ষিত পদত আবেদন কৰাৰ সুযোগ লাভ কৰিব। কেৱল ইমানেই নহয় চাকৰিৰ অপেক্ষাত থকা উচ্চ বৰ্গৰ কর্মীসকলৰ সন্তানেও ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সম মৰ্যাদাৰ পদত ‘নন-ক্রিমিলেয়াৰ’ৰ অন্তর্ভুক্ত বুলি চিহ্নিত কৰাৰ প্রৱণতাও ইয়াৰ দ্বাৰা ৰোধ কৰিব পৰা যাব। আয় আৰু উপার্জন সম্পর্কীয় নিষেধাজ্ঞা ভুলকৈ ব্যাখ্যা কৰাৰ বাবে এই প্রবণতা লক্ষ্য কৰা যায়। ক্রিমিলেয়াৰ সম্পর্কীয় বিধি-নিষেধাক্ষা আৰোপেৰ ক্ষেত্রত বছৰত ৬ লাখ টকাৰ আয় আৰু উপার্জনৰ যি ঊর্ধ্বসীমা বর্তমান অব্যাহত আছে, সেয়া বছৰত ৮ লাখ টকালৈ বৃদ্ধি কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত। উপভোক্তা মূল্য সূচক বৃদ্ধিৰ লগত সংগতি ৰাখি আয়ৰ ঊর্ধ্বসীমা বৃদ্ধি কৰা হৈছে। এই ব্যৱস্থাত সামাজিক দিশৰ পৰা যিসকল ব্যক্তি বা শ্রেণী (ক্রিমিলেয়াৰ) এতিয়াও যথেষ্ট আগুৱাই আছে, তেওঁলোকে এতিয়াৰে পৰা অন্যান্য পিছপৰা শ্রেণীৰ সুযোগ-সুবিধা ভোগ কৰিব নোৱাৰিব। অন্যান্য পিছপৰা শ্রেণীৰ অধীনস্থ লোকসকলৰ বাবে সামাজিক ন্যায়ৰ পৰিধি প্রসাৰৰ লক্ষ্যৰে চৰকাৰৰ নিৰৱচ্ছিন্ন প্রচেষ্টাৰ এক বিশেষ প্রক্রিয়া হিচাপে কেবিনেটে আজিৰ এই সিদ্ধান্ত লয়। উল্লেখ্য যে পিছপৰা শ্রেণীসমূহৰ বাবে গঠিত ৰাষ্ট্ৰীয় আয়োগক এক সাংবিধানিক মর্যাদা প্ৰদানৰ লক্ষ্যৰে চৰকাৰে ইতিমধ্যে সংসদত এখন বিধেয়ক উত্থাপন কৰিছে।
চাকৰিৰ ক্ষেত্ৰত অন্যান্য পিছপৰা শ্রেণীৰ প্রার্থীসকলৰ সংৰক্ষণৰ স্বার্থত কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, বেংক আৰু বীমা প্ৰতিষ্ঠানৰ দৰে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু অন্যান্য সংস্থাত চৰকাৰী পদৰ সম মৰ্যাদাৰ পদ সৃষ্টিত কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A7%B0-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%9C%E0%A6%A8%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A7%B0%E0%A6%A3%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A7%B0-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%9C%E0%A6%A8%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A7%B0%E0%A6%A3%E0%A6%95/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইষ্টাৰ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷ ‘‘ইষ্টাৰ উপলক্ষে শুভেচ্ছা! প্ৰভু যীশুৰ পবিত্ৰ চিন্তাই লক্ষাধিক লোকক অনুপ্ৰাণিত কৰিছে৷ তেওঁ আমাৰ সমাজখনক অশুভ শক্তিৰ পৰা মুক্ত কৰি দুখীয়া তথা দুৰ্বলীসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিবলৈ আহ্বান জনাইছিল৷ এই পবিত্ৰ দিনটোত যাতে শান্তি আৰু ঐক্যৰ বাৰ্তা প্ৰবাহিত হয় তাৰেই কামনা কৰিছো,’’ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷
ইষ্টাৰ উপলক্ষে জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F%E0%A7%80-%E0%A6%A8%E0%A7%B1%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%B7-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%B8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F%E0%A7%80-%E0%A6%A8%E0%A7%B1%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%B7-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%B8/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটী নৱবৰ্ষ উপলক্ষে সকলো গুজৰাটীক শুভেচ্ছা জনাইছে। তেওঁ নতুন বছৰে প্ৰত্যেকৰে জীৱনলৈ সুখ, সমৃদ্ধি, সুস্থ আৰু প্ৰগতিৰ বাৰ্তা কঢ়িয়াই আনক বুলি শুভেচ্ছা জনায়। টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “"સૌ ગુજરાતીઓને નવા વર્ષની હૃદયપૂર્વકની શુભકામનાઓ…!! આજથી પ્રારંભ થતું નવું વર્ષ….આપના જીવનમાં સુખ અને સમૃદ્ધિનો ઉજાસ પાથરે, આરોગ્ય નિરામય રહે તથા પ્રગતિના નવા સોપાન સર કરનારું બની રહે એવી અંતઃકરણ પૂર્વકની મનોકામના સાથે નૂતન વર્ષાભિનંદન…..॥"
গুজৰাটী নৱবৰ্ষ উপলক্ষে সকলো গুজৰাটীক শুভেচ্ছা প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%97-%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8B%E0%A6%B2%E0%A6%A8%E0%A7%B0-%E0%A7%AD%E0%A7%AB/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%97-%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8B%E0%A6%B2%E0%A6%A8%E0%A7%B0-%E0%A7%AD%E0%A7%AB/
আদৰণীয় অধ্যক্ষ মহোদয়া, মই আপোনাৰ লগতে সংসদৰ সকলো মাননীয় সদস্যৰ প্রতি কৃতজ্ঞতা জনাইছো আৰু আজি সকলোৱে আগষ্ট বিপ্লৱক লৈ গৌৰৱ অনুভৱ কৰো আৰু আমি সৌভাগ্যবান যে আজি এই পবিত্র সংসদত উপস্থিত থাকি সেই বীৰ স্বাধীনতা সংগ্রামীসকলক স্মৰণ কৰাৰ সুযোগ পাইছো। আমাৰ মাজত আজিও এনে বহু লোক আছে, যিসকলৰ স্মৃতিত আগষ্ট বিপ্লৱৰ ৯ আগষ্টৰ দিনটো জলজল পটপটকৈ মনত আছে। বাকীসকলৰ ক্ষেত্রতো এই বিপ্লৱক স্মৰণ কৰা, এনে গুৰুত্বপূর্ণ ঘটনাক বাৰম্বাৰ স্মৰণ কৰাৰ প্রয়োজন আছে। ভাল ঘটনা বাৰে বাৰে স্মৰণ কৰিলে জীৱনত এক নতুন উদ্দীপনা জাগি উঠে, ৰাষ্ট্র জীৱনকো নতুন শক্তি যোগায়। তেনেদৰেই আমাৰ নৱ প্রজন্মক এই ধৰণৰ উদ্দীপনা জগাই তোলাটো আমাৰেই কর্তব্য। প্রজন্মৰ পৰা প্রজন্ম ধৰি ইতিহাসৰ এক সোনালী পৃষ্ঠাক, তৎকালীন পৰিৱেশক, আমাৰ মহাপুৰুষসকলৰ আত্মবলিদানক, কর্তব্যক, সামর্থ্যক, ভৱিষ্যৎ প্রজন্মৰ ওচৰলৈ নিয়াৰ দায়িত্ব প্রত্যেকৰে আছে। আগষ্ট বিপ্লৱৰ ২৫সংখ্যক বর্ষপূর্তি, ৫০সংখ্যক বর্ষপূর্তিত সকলো দেশবাসীয়ে সেই ঘটনাসমূহত স্মৰণ কৰি আহিছে। আজি ৭৫তম বর্ষপূর্তি, মই ইয়াক অত্যন্ত গুৰুত্বপূর্ণ বুলি গণ্য কৰো। সেইবাবে মই অধ্যক্ষ মহোদয়াৰ ওচৰত কৃতজ্ঞ যে আমি এনেকৈ উদযাপনৰ সুযোগ পাইছোঁ। দেশৰ স্বাধীনতা আন্দোলনত ৯ আগষ্টত আৰম্ভ হোৱা এই আন্দোলনে ইমান তীব্র আৰু ব্যাপক ৰূপ ধাৰণ কৰিছিল যে ইংৰাজসকলে সেয়া কল্পনাও কৰা নাছিল। মহাত্মা গান্ধীকে ধৰি সকলো অগ্রজ নেতাক ইংৰাজে জেলত ভৰ্তি কৰিলে, বহু নতুন যুৱকে নেতৃত্বৰ দায়িত্ব কান্ধ পাতি লৈ আগুৱাই আহিল, লালবাহাদুৰ শাস্ত্রী, ৰাম মনোহৰ লোহিয়া, জয়প্রকাশ নাৰায়ণৰ দৰে বহু নতুন নেতাই সেই শূন্যতা পূৰণ কৰি আন্দোলনক আগুৱাই নিলে। ইতিহাসৰ সেই ঘটনাসমূহৰ পৰা আমি কেনেদৰে জনমানসত এক নতুন প্রেৰণা, নতুন সামর্থ্য, নতুন সংকল্প, নতুন কর্তব্যবোধ জগাই তুলিব পাৰো–সেই প্রচেষ্টা প্রতিনিয়ত চলাই থাকিব লাগিব। ১৯৪৭ চনত আমাৰ দেশ স্বাধীন হৈছিল। ১৮৫৭ৰ পৰা ১৯৪৭লৈকে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নানা পর্যায়ত আমি বহু পৰাক্রমৰ কথা জানো, বহুজনে আত্মাবলিদান দিলে, বহু উত্থান-পতনো হ’ল। কিন্তু ’৪৭ৰ স্বাধীনতাৰ পূৰ্বে ’৪২ৰ ঘটনাক্রমৰ তীব্রতা আৰু ব্যাপকতাৰ প্রভাৱ অপৰিসীম। সেই ব্যাপক গণআন্দোলন, গণসংঘর্ষৰ পাছত স্বাধীনতাৰ বাবে কেৱল অপেক্ষা আছিল। ১৮৫৭ৰ স্বাধীনতা সংগ্রামৰ সময়তে প্রথম দেশৰ প্রতিটো প্রান্তত স্বাধীনতাৰ শংখধ্বনি বাজি উঠিছিল। তাৰপাছত মহাত্মা গান্ধী বিদেশৰ পৰা ঘুৰি আহে। লোকমান্য তিলকৰ পূর্ণ স্বৰাজৰ সেই বিখ্যাত ঘোষণা– ‘স্বাধীনতা আমাৰ জন্মগত অধিকাৰ’, ১৯৩০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত দাণ্ডি যাত্ৰা, নেতাজী সুভাষ চন্দ্র বসুৰ নেতৃত্বত আজাদ হিন্দ ফৌজ গঠন, ভগৎ সিং, সুখদেৱ, ৰাজগুৰু, চন্দ্রশেখৰ আজাদ, চাফেকৰ ভাইৰ দৰে অসংখ্য নবীন বীৰৰ আত্মবলিদান–এই সকলো মিলিয়েই ভাৰতৰ স্বাধীনতাৰ আন্দোলন গঢ় লৈছিল। ১৯৪২ চনৰ আন্দোলনত অংশগ্রহণকাৰীয়ে ভাবিছিল ‘এতিয়া নহ’লে আৰু কেতিয়াও নহয়’। সেইবাবে দেশৰ প্রায় প্রত্যেকজন ব্যক্তিয়ে এই আন্দোলনত জঁপিয়াই পৰিছিল। এটা সময়ত বোধ হৈছিল স্বাধীনতা আন্দোলন বুজি অভিজাত সম্প্রদায়ৰ দ্বাৰা পৰিচালিত হৈছিল। কিন্তু বিয়াল্লিশৰ বিপ্লৱত দেশৰ এনে কোনো স্থান বাকী নাছিল, এনে কোনো শ্ৰেণী বাকী নাছিল, এনে কোনো সামাজিক অৱস্থা বাকী নাছিল, যিসকলে ইয়াত ভাগ লোৱা নাছিল আৰু তেওঁলোকে গান্ধীজীৰ আহ্বান অবিহনেই আন্দোলনত জঁপিয়াই পৰিছিল। সেই আন্দোলন, যাৰ অন্তিম স্বৰ আছিল ‘ভাৰত ত্যাগ’। আটাইতকৈ ডাঙৰ কথা আছিল নিজৰ চৰিত্র আৰু চিন্তাধাৰাৰ বিৰুদ্ধে গৈ মহাত্মা গান্ধীৰ সৈতে হুংকাৰ দিছিল ‘কৰিম অথবা মৰিম! সেই আন্দোলনৰ সফলতাত তেওঁলোকৰ মুখত উচ্চাৰিত হৈছিল, ‘আজিৰ পৰা আপোনালোক প্রত্যেকেই নিজকে স্বাধীন মহিলা অথবা পুৰুষ ভাবক আৰু স্বাধীন মানুহৰ দৰেই কাম কৰা উচিৎ। মই পূর্ণ স্বাধীনতাৰ নোপোৱালৈকে ক্ষান্ত নহ’ও। আমি কৰিম, নহ’লে মৰিম’! এই বক্তব্যৰ জৰিয়তে বাপুজীক স্পষ্ট কৰি দিয়ে যে তেওঁ অহিংসাৰ পথ ত্যাগ কৰিব। কিন্তু সেই পৰিস্থিতিত জনসাধাৰণৰ প্রত্যাশাৰ চাপ এটাই আছিল যে বাপুজীয়েও তেওঁলোকৰ প্রত্যাশাৰ অনুকূল শব্দ প্রয়োগ কৰিব লগা হৈছিল। সেই সময়ত গাঁৱে গাঁৱে কৃষক, মজদুৰ, শিক্ষক আৰু ছাত্রসকলো এই আন্দোলনত জঁপিয়াই পৰিছিল। বাপুজী উদ্বুদ্ধ হৈ কৈছিল ইংৰাজসকলৰ হিংসাৰ বলি হৈ কোনো ভাৰতীয় শ্বহীদ হ’লে তেওঁৰ শৰীৰত এখনি পোষ্টাৰ লগাই দিয়া হ’ব, ‘কৰিম অথবা মৰিম– আৰু এয়াই স্বাধীনতা আন্দোলনত শ্বহীদৰ ক্ষেত্ৰত হৈছিল।! এইদৰেই বাপুজীয়ে সেই আন্দোলনক নতুন উচ্চতা প্রদান কৰে। তাৰেই পৰিণাম স্বৰূপে ভাৰত মাতা পৰাধীনতাৰ শিকলিৰ বান্দোন মুক্ত হয়। দেশে সেই মুক্তিৰ বাবে ছটফট কৰিছিল। নেতাৰ পৰা নাগৰিক কাৰো ভাৱনাত একো পাৰ্থক্য নাছিল মই লক্ষ্য কৰিছো দেশে যেতিয়া থিয় হয়, সমূহৰ সম্মিলিত শক্তি মহীয়ান হৈ উঠে, লক্ষ্য নির্ধাৰিত হয় আৰু সেই লক্ষ্য পূৰণৰ বাবে মানুহে কৃতসংকল্প হৈ বীৰদর্পে আগুৱাই যায়। ১৯৪২ৰ পৰা ১৯৪৭চনৰ মাজত এই সম্মিলিত শক্তিবোৰে শৃঙ্খলা ভাঙি পেলায় আৰু ভাৰত মাতাই স্বাধীন হয়। সেই সময়ত ৰামবৃক্ষ বেণীপুৰীয়ে এখন গ্ৰন্থত লিখিছিল, সেয়া হৈছে ‘শিকলি আৰু বেৰ’ তেওঁ তাত লিখিছে যে ‘সমগ্ৰ দেশতে এক অদ্ভুত পৰিৱেশ গঢ়ি উঠিছে। প্রত্যেক ব্যক্তি নেতা হৈ উঠে আৰু দেশৰ প্রত্যেক গাওঁ আৰু চহৰৰ প্রতিটো চৌ-মাথা ‘কৰিব অথবা মৰিব’ আন্দোলনলৈ পৰিণত হয়। সমগ্ৰ দেশত বিপ্লৱৰ জুঁইত জঁপিয়াই পৰে। বিপ্লৱৰ এই জুঁই সমগ্ৰ দেশতে উমি উমি জ্বলি উঠে। বোম্বাইয়ে পথ দেখুৱালে। অহা-যোৱাৰ সকলো পথৰুদ্ধ হৈ গ’ল। কর্ট কাছাৰীত খাও খাও মুৰ্তি। ভাৰতীয়সকলৰ বীৰত্ব আৰু ব্রিটিছ চৰকাৰৰ নৃশংসতাৰ বাতৰি সর্বত্ৰে বিয়পি পৰিল। সাধাৰণ মানুহে গান্ধীজীৰ ‘কৰিম অথবা মৰিব’ মন্ত্রক হৃদয়ত স্থান দিলে”। সেই সময়ৰ কথা বৰ্ণনা কৰা এই গ্ৰন্থখনি পঢ়িলে গম পোৱা যায় কেনে এক পৰিস্থিতি সৃষ্টি হৈছিল আৰু ব্রিটিছ শাসকসকলৰ সূত্রপাত ভাৰততে হৈ ইয়াতে সমাপ্তি ঘটিছিল। ভাৰতৰ স্বাধীনতা কেৱল ভাৰতৰেই স্বাধীনতা নাছিল। ১৯৪২ৰ পাছত বিশ্বৰ যি ভূ-ভাগত আফ্রিকা আৰু এছিয়াৰ নানা দেশত ঔপনিবেশিক শাসন আছিল–সর্বত্রে স্বাধীনতা আন্দোলনৰ প্রেৰণা হৈ পৰে ভাৰতৰ আগষ্ট বিপ্লৱ। সেইবাবে ভাৰতৰ স্বাধীনতাৰ স্পৃহাই সেইবোৰ দেশৰ মানুহক উদ্বুদ্ধ কৰি স্বাধীনতা সংগ্রামী কৰি তোলে। যিকোনো ভাৰতীয়ই তাক লৈ গৌৰৱ কৰিব পাৰে। ভাৰত স্বাধীন হোৱাৰ লগে লগে তেওঁলোকৰ স্বাধীনতাৰ আন্দোলন ইমান তীব্র হৈ উঠে যে এখনৰ পাছত এখন দেশত ঔপনিবেশিক শাসন এৰি নিজ দেশলৈ ঘুৰি যাবলৈ বাধ্য হয়। এখনৰ পাছত এখন দেশে স্বাধীন হয়। কেই বছৰমানৰ ভিতৰতে বিশ্বৰ প্রায়বোৰ দেশ স্বাধীন হৈ পৰে। ই আমাৰ বাবেও শিক্ষাৰ বিষয় হৈ উঠে, যেতিয়া আমি সকলোৱে মিলি শপত লৈ সম্পূর্ণ সামর্থ্যৰে নির্ধাৰিত লক্ষ্য প্রাপ্তিৰ বাবে একত্ৰিত হও, এই দেশৰ শক্তি তেতিয়া ইমানেই বৃদ্ধি পায় যে আমি দেশকে যিকোনো সংকটৰ পৰা মুক্ত কৰিব পাৰো, দেশক নতুন লক্ষ্যৰ বাবে প্রস্তুত কৰিব পাৰো, ইতিহাস সাক্ষী আৰু সেইবাবেই সেই সময় এই আন্দোলনৰ নেতৃত্বপ্রদানকাৰী বাপুজীৰ ব্যক্তিত্ব সম্পর্কে বিশিষ্ট কবি মোহনলাল দ্বিবেদী এটি কবিতা বাপুজীৰ নামত উৎসর্গা কৰিছিল। ইয়াত তেওঁ লিখিছিল: ‘চল পড়ে যিধৰ দো ডগ, মগ মেঁ চল পড়ে কোটি পগ উচি ঔৰ গড় গই যিধৰ ভী এক দৃষ্টি গড় গয়ে কোটি দৃগ উচি ঔৰ’ অর্থাৎ যি পথেৰে গান্ধীজীৰ ভৰি দুখন আগুৱাইছে, নিজে নিজেই কোটি কোটি খোজ সেই পথ লৈছে। যিফালে গান্ধীজীয়ে দৃষ্টি দিছে, কোটি কোটি লোকে তালৈকে চাইছে। আজি ২০১৭চনতো আমিৰ স্বীকাৰ কৰিবই লাগিব যে দেশত গান্ধীজীৰ দৰে ব্যক্তিত্বসম্পন্ন কোনো নেতা আমাৰ মাজত নাই, কিন্তু ১২৫ কোটি ভাৰতীয়ই বিশ্বাস কৰে যে আমি সকলোৱে মিলি সেই স্বাধীনতা সংগ্রামীসকলৰ সপোন বাস্তবায়িত কৰিব পাৰিম। ১৯৪২ চনৰ আন্তর্জাতিক প্ৰেক্ষাপটো ভাৰতৰ স্বাধীনতাৰ অনুকূল আছিল। আৰু আজি আমি যেতিয়া ২০১৭ চনত ‘ভাৰত ত্যাগ’ আন্দোলনৰ ৭৫সংখ্যক বর্ষপূৰ্তি পালন কৰিছো, সেই সময়তো বিশ্বত ভাৰতৰ স্বাধীনতা সংগ্রামীসকলৰ কল্পনাৰ ভাৰত গঢ়াৰ, দাৰিদ্র্যমুক্ত দেশ গঢ়াৰ অনুকূল পৰিৱেশ গঢ়ি উঠিছে। আমাৰ সকলোকে ৰাজনীতিৰ ঊর্ধ্বে উঠি এই অনুকূল পৰিৱেশৰ সুযোগ লৈ সাফল্যৰ পথত আগুৱাব লাগিব। মই ভাবো দলতকৈ দেশৰ স্বার্থ ডাঙৰ, ৰাজনীতিতকৈ ৰাষ্ট্রনীতি ডাঙৰ। আমাৰ ওপৰত ১২৫ কোটি ভাৰতীয়ৰ আশা আছে, এই ভাৱনা মনত লৈ আমি সকলোৱে মিলি আগুৱাই গ’লে, মিলাপ্ৰীতিৰে কাম কৰিলে, এই সমস্যাসমূহৰ সমাধানত সফল হোৱাটো নিশ্চিত। এই কথা আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো যে দুর্নীতি নামৰ ঘুণপোক আমি দেশৰ পৰা নিঃশেষ কৰিছো। ৰাজনৈতিক দুর্নীতি, সামাজিক দুর্নীতি অথবা ব্যক্তিগত দুর্নীতি; কাল কি হৈছে, কেতিয়া কি কৰিছে এই বিবাদৰ বাবে আমি ভৱিষ্যতত বহু সময় পাম, কিন্তু আজি এই পবিত্র ক্ষণত আহক আমি মিলিতভাবে শপত গ্রহণ কৰো যে আমাৰ সন্মউকত যিমান সমস্যা আছে, দাৰিদ্ৰতা, অপুষ্টি, নিৰক্ষৰতা ইত্যাদিবোৰ আমি সমাধান কৰিমেই। মহাত্মা গান্ধীৰ ‘গ্রাম স্বৰাজ’ৰ সপোন ভাঙি থান বান হৈ গৈছে, গাঁৱৰ মানুহবোৰে কেনেকৈ দলে দলে গাওঁ এৰি আহি চহৰত বসবাস কৰিব ধৰিছে? গান্ধীজীৰ সপোনৰ সেই গাঁৱক আমি পুনৰ নিজৰ মনত পুনর্জীৱিত কৰি নোৱাৰে নে? গাঁৱৰ দুখীয়া, কৃষক, দলিত প্রজন্ম, শোষিত আৰ বঞ্চিতসকলৰ জীৱনৰ মান উন্নয়নৰ বাবে আমি কিবা এটা কৰিব নোৱাৰো নে? এই প্রশ্নৰ বিপৰীতে আমি পৰস্পৰৰ ওপৰত দোষাৰোপ কৰা স্বভাৱ এৰি হাতে হাত ধৰি মিলাপ্ৰীতিৰে কাম কৰিব নোৱাৰো নে? আমি সকলোৱেইতো সেই ১২৫ কোটি মানুহৰ দ্বাৰা নির্বাচিত জনপ্রতিনিদি। আমাৰ পৰস্পৰক সহায়ৰ হাত আগবঢ়াই দেশবাসীৰ উন্নয়নৰ স্বার্থত, দেশৰ উন্নয়নৰ স্বার্থত কাম কৰাৰ এয়াই উপযুক্ত সময়। এই দেশত আমাৰ সকলোৰে অজানিতে কেতিয়াবা অধিকাৰবোধ প্রবল হৈ উঠিছে আৰু কর্তব্যবোধ লুপ্ত হ’ব ধৰিছে। ৰাষ্ট্র জীৱনত, সমাজ জীৱনত অধিকাৰ ভাবৰ এই গুৰুত্বক অক্ষুণ্ন ৰাখি আমি নিজৰ কামত, জনমানসত কর্তব্য বোধক জগাই তুলিব নোৱাৰে নে? সমাজ জীৱনত বহু সমস্যাৰ মূলতে হৈছে আমাৰ অনিয়ন্ত্রিত জীৱন শৈলী। দুর্ভাগ্যবশতঃ আমি নিজেই এনে কিছু আচৰণ কৰো, যিবোৰ ভুল, কিন্তু আমি সেই ভুলৰ সম্পর্কে অজ্ঞাত। আমি প্ৰায়েই ‘লাল সংকেত’ অৱজ্ঞা কৰি গাড়ী চলাও। য’তে-ত’তে থু-পেলাও, তাকলৈ আমি কোনো অপৰাধবোধ নকৰো। হাস্পতালত ডাক্তৰে দিয়া ঔষুধ সেৱন কৰি সুস্থ নহ’লে তাৰ বাবে সকলো সময়তে ডাক্তৰ দায়ী নহয়, সকলো মৃত্যু ডাক্তৰৰ দোষ অথবা হাস্পাতালৰ গাফিলতিত নহয়। কিন্তু সেই মৃত লোকজনৰ আত্মীয়ই গৈ হাস্পাতাল জ্বলাই, ডাক্তৰক মাৰধৰ কৰে। কোনো কাৰণত পথ দুর্ঘটনা হ’লে কেইজনমান মিলি চালকক পিটি পিটি মাৰি পেলায়। আইন মানি চলা নাগৰিকে কেতিয়াও এনে কৰা অনুচিত। অথচ আমি নিজেই এনে ধৰণৰ বহু কু-স্বভাৱৰ বশৱৰ্তী হৈছো। শৌচালয় আৰু পৰিচ্ছন্নতা মজাৰ কথা নহয়। মা-ভনীসকলৰ সমস্যা অনুভৱ কৰিলেই বুজিব যেতিয়া ঘৰত শৌচালয় নাছিল, তেওঁলোকে শৌচ লাগিলেও বাধা দি ৰাখি ৰাতিৰ অন্ধকাৰৰ বাবে অপেক্ষা কৰিব লাগিছিস। সেইবাবে আমি শৌচালয় নির্মাণক অগ্রাধিকাৰ দিছো। কিন্তু তাতোকৈ ডাঙৰ কাম হ’ল সমাজৰ মানসিকতাৰ পৰিৱর্তন, সজাগতা বৃদ্ধি কৰা। এই কাম আইন প্রণয়ন কৰিলেও নহয়। আইনে নিয়ম ৰক্ষাত সহায় কৰিব পাৰে, কিন্তু মানুহৰ মনত কর্তব্যবোধ জাগ্রত কৰিব পাৰিলে অধিক ইতিবাচক ফল পোৱা যাব। আমি দেশৰ মা-ভনীসকলক ঘৰ বন্দী কৰি, লেখা-পঢ়া শিখিবলৈ নিদি সমাজৰ বোজা বনাই ৰাখিছো। তেওঁলোকক শিক্ষিক কৰি তুলিব পাৰিলে আমাৰ দেশ অধিক শক্তিশালী হৈ পৰিব। স্বাধীনতা সংগ্রামৰ সময়ত মহাত্মা গান্ধীয়ে মা-ভনীসকলৰ অংশগ্রহণক গুৰুত্ব দিছিল, আৰু বহু ঠাইত একাংশ মহিলাই এই আন্দোলনত জঁপিয়াই পৰিছিল। তেওঁলোকৰ কৰ্তব্যবোধ জাগ্ৰত হ’লে, দেশৰ উন্নতিত কোনো কাৰকে বাধা দিব নোৱাৰে। এই কথা সত্য যে ১৮৫৭ৰ পৰা ১৯৪২ৰ মাজত স্বাধীনতা আন্দোলনৰ বিভিন্ন পর্যায়ত বহু উত্থান-পতন হৈছে, বহু প পৰিৱ্তন হৈছে, কেতিয়াবা হিংসা, কেতিয়াবা অহিংসাত প্ৰধান্য দিয়া হৈছে। সকলোতে আমাৰ দেশৰ জনতাৰ অংশগ্ৰহনে এই আন্দোলন কেতিয়াও থমকি ৰোৱা নাছিল। ১৯৪২ চনত ই তীব্ৰ ৰূপ ধাৰণ কৰি ১৯৪৭চনত দেশে স্বাধীনতা অৰ্জন কৰে। আমাৰ সমাজ জীৱনতো তেনেকৈয়ে যোৱা ১০০-২০০ বছৰৰ ইতিহাস ধীৰগতিত আগুৱাই গৈছে। প্রায় সমগ্ৰ পৃথিৱীতে এই অৱস্থা আছিল। কিন্তু যোৱা ৩০-৪০ বছৰত সমগ্ৰ পৃথিৱী ইয়াৰ দ্রুত পৰিৱর্তন আহে, সমাজ জীৱনত প্রযুক্তিৰ ব্যৱহাৰ বৈপ্লৱিক মাত্রাত বৃদ্ধি পায়। প্রযুক্তিৰ ব্যৱহাৰত সমগ্ৰ পৃথিৱীতে অকল্পনীয় গতিত সকলোৰে পৰিৱৰ্তন হয়। ‘ভাৰত ত্যাগ’ আন্দোলনৰ ৭৫ বছৰৰ পৰা স্বাধীনতা আন্দোলনৰ ৭৫ বছৰৰ মাজৰ সময়খিনি ১৯৪২ ৰ পৰা ১৯৪৭ৰ মাজৰ সময়ৰ দৰে উন্নয়ন সাধন হ’ব লাগিব। এই সময়ছোৱাত আমাৰ দায়িত্ব পালনৰ সময় হৈ উঠিব। আমি যদি ভাৰতক সেই উচ্চতালৈ নিব পাৰো, তেতিয়া হ’লে বিশ্বৰ বহু দেশকে আমি সহায় কৰিব পাৰিম, মানৱতাৰ উন্নয়নত নেতৃত্ব দিব পাৰিম, প্রযুক্তিৰ ব্যৱহাৰত নেতৃত্ব দিব পাৰিম। সেইবাবে সম্মিলিত ইচ্ছাশক্তিক জাগ্রত কৰিব লাগিব, দেশক সংকল্পৱদ্ধ কৰি তুলিব লাগিব, দেশৰ মানুহৰ কাষত থিয় দিব লাগিব, তেওঁলোকৰ সৈতে একেলগে আগুৱাই যাব লাগিব। সেইবাবে এই পাঁচ বছৰত আমি যদি কিছু উন্নয়নমুলক কাম কৰিব পাৰো, তেনেহ’লে মোৰ বিশ্বাস আমি বহু গুৰুত্বপূর্ণ কাম কৰিব পাৰিম। আমি শেহতীয়াকৈ দেখিছো, জিএছটি’ৰ ক্ষেত্রত; মই বাৰে বাৰে কৈছো যে এয়া মোৰ কোনো ৰাজনৈতিক বিবৃতি নহয়, এটা আমাৰ দৃঢ় বিশ্বাস যে জিএছটি কোনো নির্দিষ্ট চৰকাৰৰ সাফল্য নহয়। কোনো ৰাজনৈতিক দলৰ সাফল্য নহয়। ৰাজনীতি নির্বিশেষে এই সংসদ ভৱনত উপস্থিত সকলো সাংসৰ ইচ্ছাশক্তিৰ পৰিণাম এই জিএছটি। দেশৰ সকলো ৰাজ্যৰ শাসক আৰু বিৰোধী পক্ষৰ সকলো বিধায়কৰ ইচ্ছাশক্তিৰ পৰিণাম এই জিএছটি। দেশৰ সাধাৰণ ব্যবসায়ীসকলৰ সহযোগিতাত গঢ়ি উঠিছে এই একক কৰ ব্যৱস্থা। যি দেশৰ ৰাজনৈতিক নেতৃত্ব নিজৰ ৰাজনৈতিক মতভেদ ভুলতে দেশৰ স্বার্থত এনেকৈ গুৰুত্বপূর্ণ সিদ্ধান্ত ল’ব পাৰে, নিজৰ দায়িত্বপালন কৰিব পাৰে, সেইদেশৰ ফালে বিশ্ববাসীয়ে সমীহ কৰিবলৈ বাধ্য। জিএছটি বিশ্ববাসীৰ ওচৰত এক আশ্চর্যজনক কৰ ব্যৱস্থা, এই দেশৰ জনসংখ্যা, আকাৰ আৰু ভৌগোলিক বিশালতা তথা বৈচিত্ৰপূৰ্ণ হোৱা সত্ত্বেও আমি যেতিয়া এনে গুৰুত্বপূর্ণ সিদ্ধান্ত ল’ব পাৰিছো, ১২৫ কোটি মানুহৰ জনপ্রতিনিধি ৰূপে আমি একেলগে বহি দেশেৰ স্বার্থত এনেকৈয়ে বহু সিদ্ধান্তই ল’ব পাৰিম। ১২৫ কোটি দেশবাসীৰ সৈতে ২০২২ চনৰ ভিতৰত নতুন ভাৰতৰ সপোন বাস্তবায়িত কৰাৰ শপত ল’লে, মোৰ বিশ্বাস, আমি ফলাফল নিশ্চয় পাম। মহাত্মা গান্ধীৰ আহ্বান আছিল– ‘কৰিম অথবা মৰিম। ২০১৭ৰ পৰা ২০২২চনৰ ভিতৰত আমি শপত ল’ব লাগিব যে আমাৰ দেশৰ পৰা দুর্নীতি নিৰ্মূল কৰিম আৰু সেয়া কৰিহে এৰিম। আমি সকলোৱে মিলি দেশৰ নবীন প্রজন্মৰ স্বৰোজগাৰৰ সুযোগ প্ৰদান কৰিহে এৰিম। আমি সকলোৱে মিলি দেশৰ পৰা অপুষ্টি সমস্যা দূৰ কৰিহে এৰিম। আমি সকলোৱে মিলি মহিলাসকলক আগুৱাই যোৱাৰ পথত সকলো শৃঙ্খলমুক্ত কৰিম আৰু কৰিহে এৰিম। আমি সকলোৱে মিলি দেশৰ পৰা নিৰক্ষৰতা দূৰ কৰিহে এৰমি। আৰু বহু বিষয় আছে; সেয়েহে যেনেকৈ সেইসময়ৰ মন্ত্র আছিল ‘কৰিম অথবা মৰিম’ আৰু আজি পৰা ২০২২ চনৰ ভিতৰত আমাৰ মূলমন্ত্র হোৱা উচিৎ ‘কৰিম আৰু কৰিহে ক্ষান্ত হ’ম’। এই সংকল্পলৈ আমি আগুৱাই যাম। এই সংকল্প কোনো দলীয় নহয়, কোনো চৰকাৰৰ নহয়; এই সংকল্পক ১২৫ কোটি ভাৰতীয়ৰ সংকল্পত পৰিণত কৰিবলৈ, ১২৫ কোটি জনতাৰ প্রতিনিধি হিচাবে আমাৰ মিলিত সংকল্পৰ ভূমিকা অপৰিহাৰ্য। মোৰ বিশ্বাস সংকল্পৰ পৰা সিদ্ধি পাঁচ বছৰত পৰিণত হ’ব ২০১৭ ৰ পৰা ২০২২ ৰ ভিতৰত। আহক, আমি সকলোৱে আজি আগষ্ট বিপ্লৱৰ সেই মহাপুৰুষসকলক স্মৰণ কৰি, তেওঁলোকৰ ত্যাগ, তপস্যা, আত্মবলিদান’ক স্মৰণ কৰি, তেওঁলোকৰ পুণ্য স্মৃতিৰ পৰা আশীর্বাদ গ্রহণ কৰো। কিছু বিষয়ত সহমত হৈ দেশক নেতৃত্ব দি, দেশক সমস্যামুক্ত কৰক। স্বপ্ন, সামর্থ্য, শক্তি আৰু লক্ষ্য পুৰণৰ বাবে আগুৱাই যাও! এই আশা লৈ পুনৰবাৰ অধ্যক্ষ মহোদয়াক কৃতজ্ঞতা জনোৱাৰ লগতে স্বাধীনতা সংগ্রামীসকলকো প্রণিপাত জনাইছো।
‘ভাৰত ত্যাগ’ আন্দোলনৰ ৭৫তম বর্ষপূর্তি উদযাপনৰ প্রাকমুহূৰ্তত লোকসভাৰ বিশেষ আলোচনা সভাত প্রধানমন্ত্রীৰ ভাষণৰ ইংৰাজী সংস্কৰণৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A8-%E0%A6%89%E0%A7%8E%E0%A6%B8%E0%A7%B1-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%A6%E0%A7%87%E0%A6%B6/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A8-%E0%A6%89%E0%A7%8E%E0%A6%B8%E0%A7%B1-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%A6%E0%A7%87%E0%A6%B6/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন উৎসৱ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে সকলোকে এইদৰে শুভেচ্ছা জনায়, “সকলোকে বৈশাখীৰ অভিনন্দন জনাইছো। এই উৎসৱে সকলোৰে জীৱনলৈ আনন্দ কঢ়িয়াই আনক, তাকে কামনা কৰিছো। আমাৰ দেশবাসীৰ এমুঠি অন্নৰ বাবে যিসকলে নিৰলস কঠোৰ পৰিশ্ৰম কৰে, সেইসকল কৃষকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো। বৈচিত্ৰতাৰে আশীষপুষ্ট ভাৰতবৰ্ষক লৈ আমি গৌৰৱান্বিত। দেশৰ বিভিন্ন স্থানত বিভিন্ন লোকে নিজা নিজা উৎসৱ উদযাপন কৰিছে। এই বিশেষ ক্ষণত মই সকলোকে শুভেচ্ছা আৰু অভিনন্দন জনাইছো। পুথাণ্ডুৰ বিশেষ ক্ষণত মই তামিল লোকসকলক আন্তৰিক শুভকামনা জনাইছো। অনাগত বৰ্ষত আপোনালোক সকলোৰে আশা-আকাংক্ষা পৰিপূৰ্ণ হওঁক, তাকে প্ৰাৰ্থনা জনাইছো। বিশুৰ শুভেচ্ছা জনাইছো! নতুন বছৰে সকলোৰে বাবে নতুন আশা, অধিক সমৃদ্ধি আৰু সু-স্বাস্থ্য কঢ়িয়াই আনক, তাকে প্ৰাৰ্থনা জনাইছো। প্রত্যেকগৰাকী বাঙালীলোকক পহিলা বৈশাখৰ শুভেচ্ছা জনাইছো। এই নৱবর্ষই যেন প্রত্যেকৰে জীবনত শান্তি, সমৃদ্ধি আৰু সুখ কঢ়িয়াই আনে, তাকে কামনা কৰিছো। শুভ নৱবর্ষ! মোৰ অসমীয়া ভাই-ভনী সকললৈ বহাগ বিহুৰ শুভেচ্ছা যাঁচিছো। শক্তি আৰু উৎসাহৰ বৈশিষ্টৰে পৰিপূৰ্ণ এই উৎসৱে আমাৰ সমাজলৈ সুখ আৰু সু-স্বাস্থ্য কঢ়িয়াই আনক। বিশ্বৰ বিভিন্ন প্রান্তত বসবাস কৰা আমাৰ ওড়িয়া বন্ধুসকলক মহাবিষুৱ সংক্রান্তিৰ শুভেচ্ছা জনালো! আগন্তুক বছৰটো আৰু অধিক সুন্দৰ হৈ উঠক। সমৃদ্ধশালী ওড়িয়া সংস্কৃতিক লৈ আমি অতিকে গৌৰৱান্বিত।
বিভিন্ন উৎসৱ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%9B%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%95%E0%A6%BE%E0%A6%AA-%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%AD-%E0%A7%B0-%E0%A6%9C%E0%A7%9F%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%9B%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%95%E0%A6%BE%E0%A6%AA-%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%AD-%E0%A7%B0-%E0%A6%9C%E0%A7%9F%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80/
এছিয়া কাপ ২০১৭ জয়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় হকী দললৈ শুভেচ্ছা জনাইছে৷ ‘অনবদ্য খেল, অনবদ্য প্ৰদৰ্শন! এছিয়া কাপ ২০১৭ জয় কৰা আমাৰ হকী দলটোলৈ মোৰ শুভেচ্ছা ও অভিনন্দন জনাইছো৷ এই অনন্য জয়ত সমগ্ৰ ভাৰত আজি উৎফুল্লিত হৈ পৰিছে৷’’ – প্ৰধানমন্ত্ৰীয়ে আজি কয়৷
এছিয়া কাপ ২০১৭ ৰ জয়ত ভাৰতীয় হকী দললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AC-%E0%A7%A7%E0%A7%A8-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A7-%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%96%E0%A7%87-%E0%A6%AE%E0%A6%A8-%E0%A6%95%E0%A7%80-%E0%A6%AC%E0%A6%BE%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AC-%E0%A7%A7%E0%A7%A8-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A7-%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%96%E0%A7%87-%E0%A6%AE%E0%A6%A8-%E0%A6%95%E0%A7%80-%E0%A6%AC%E0%A6%BE%E0%A6%A4/
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ! এই সময়ত, আপোনালোকে ২০২১ চনৰ বিদায় আৰু ২০২২ চনৰ অভ্যৰ্থনাৰ বাবে প্ৰস্তুতিত ব্যস্ত। নতুন বছৰত, প্ৰতিজন ব্যক্তি, প্ৰতিটো প্ৰতিষ্ঠানে আগন্তুক বছৰত কিবা এটা ভাল কৰাৰ, উন্নত হোৱাৰ সংকল্প লৈছে। যোৱা সাত বছৰ ধৰি আমাৰ ‘মন কী বাতে’ ব্যক্তি, সমাজ, দেশৰ ভাল কৰিবলৈ আৰু ভাল হ’বলৈ অনুপ্ৰাণিত কৰিছে। এই সাত বছৰত,’মন কী বাত’ৰ সময়ত, মই চৰকাৰৰ সাফল্যৰ বিষয়েও আলোচনা কৰিব পাৰিলোহেঁতেন। আপোনালোকেও এইটো ভাল পালেহেঁতেন, আপোনালোকেও ইয়াক প্ৰশংসা কৰিলেহেঁতেন, কিন্তু, এইটো মোৰ দশকৰ অভিজ্ঞতা যে সংবাদ মাধ্যমৰ চিকমিকনিৰ পৰা আঁতৰত, বাতৰি কাকতৰ শিৰোনামৰ পৰা আঁতৰত থাকি, বহুতো লোক আছে যিয়ে যথেষ্ট ভাল কাম কৰি আছে। তেওঁলোকে আজি দেশৰ কাইলৈৰ বাবে নিজকে জড়িত কৰি আছে। তেওঁলোকে আজি দেশৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে তেওঁলোকৰ প্ৰচেষ্টাত সক্ৰিয়ভাৱে নিয়োজিত হৈ আছে। এনে লোকসকলৰ কথাবোৰে অতিশয় সান্ত্বনা, গভীৰ অনুপ্ৰেৰণা প্ৰদান কৰে। মোৰ বাবে, ‘মন কী বাত’ সদায়ে এনে লোকসকলৰ প্ৰচেষ্টাৰে ভৰপূৰ এক সুন্দৰ উপবন স্বৰূপ হৈ আহিছে, প্ৰতিটো মাহত মোৰ এইটোৱেই প্ৰয়াস যে এই উপবনৰ কোনটো পাহি আপোনালোকৰ মাজলৈ লৈ আনিব পাৰো ৷ মই সুখী যে আমাৰ বহুৰত্ন বসুন্ধৰাৰ গুণী কাৰ্য্যৰ অবিচলিত প্ৰবাহ অব্যাহত আছে। আৰু আজি যেতিয়া দেশখনে ‘অমৃত মহোৎসৱ’ উদযাপন কৰি আছে, ই এক প্ৰকাৰে জনশক্তি, জন-জনৰ শক্তি, ইয়াৰ উল্লেখ, ইয়াৰ প্ৰচেষ্টা, ইয়াৰ কঠোৰ পৰিশ্ৰম, ভাৰত আৰু মানৱতাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে নিশ্চিত কৰে। বন্ধুসকল, এয়া হৈছে জনশক্তিৰ শক্তি, ভাৰতে ১০০ বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ মহামাৰীৰ বিৰুদ্ধে যুঁজিব পৰাটো সকলোৰে প্ৰচেষ্টা। আমি প্ৰতিটো কঠিন সময়ত পৰিয়ালৰ দৰে ইজনে সিজনৰ সৈতে থিয় হৈছিলো। আপোনাৰ চুবুৰীয়া বা চহৰৰ কাৰোবাক সহায় কৰিবলৈ, আপোনাৰ সামৰ্থতকৈ অধিক কৰিবলৈ চেষ্টা কৰিছিল। আজিৰ বিশ্বত টীকাকৰণৰ পৰিসংখ্যাক ভাৰতৰ সৈতে তুলনা কৰি, এনে লাগে যে দেশখনে এনে এক অভূতপূৰ্ব কাম প্ৰাপ্ত কৰিছে, ই কি ডাঙৰ লক্ষ্য প্ৰাপ্ত কৰিছে। ভেকছিনৰ ১৪০ কোটি পালি অতিক্ৰম কৰাটো প্ৰতিজন ভাৰতীয়ৰ কৃতিত্ব। ই প্ৰত্যেক ভাৰতীয়ৰ বিশ্বাস, প্ৰণালী, বিজ্ঞান, বিজ্ঞানীসকলৰ ওপৰত বিশ্বাস আৰু সমাজৰ প্ৰতি তেওঁৰ দায়বদ্ধতা পালন কৰাটোও আমাৰ ভাৰতীয়সকলৰ ইচ্ছাশক্তিৰ প্ৰমাণ। কিন্তু বন্ধুসকল, আমি এইটোও মনত ৰাখিব লাগিব যে ক’ৰোনাৰ এটা নতুন ৰূপৰ আগমন ঘটিছে। যোৱা দুবছৰত আমাৰ এই অভিজ্ঞতা হৈছে যে এই গোলকীয় মহামাৰীক পৰাস্ত কৰিবলৈ নাগৰিক হিচাপে আমাৰ নিজৰ প্ৰচেষ্টা অতি গুৰুত্বপূৰ্ণ। আমাৰ বিজ্ঞানীসকলে নতুন অমিক্ৰন প্ৰকাৰটো নিৰন্তৰে অধ্যয়ন কৰি আছে ৷ প্ৰতিদিনে, তেওঁলোকে নতুন তথ্য লাভ কৰি আছে, তেওঁলোকৰ পৰামৰ্শবোৰ নিৰ্ধাৰণ কৰা হৈছে। এনে পৰিস্থিতিত, দেশখনৰ নিজৰ সজাগতা, নিজৰ অনুশাসন, ক’ৰোনাৰ এই প্ৰকাৰৰ বিৰুদ্ধে এক বৃহৎ শক্তি হিচাপে বিবেচিত হৈছে। এই দায়িত্ববোধৰ দ্বাৰা ক’ৰোনাক পৰাস্ত কৰিব পৰা আমাৰ সামূহিক শক্তিৰ সৈতে আমি ২০২২ চনত প্ৰৱেশ কৰিব লাগিব। মোৰ মৰমৰ দেশবাসীসকল, মহাভাৰতৰ যুদ্ধৰ সময়ত, ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল: ‘নভঃ স্পৃশং দীপ্তম’ৰ অৰ্থ হৈছে গৌৰৱেৰে আকাশ স্পৰ্শ কৰা। এইটো ভাৰতীয় বায়ু সেনাৰ মূলমন্ত্ৰ। মা ভাৰতীৰ সেৱাত বহুতে প্ৰতিদিনে গৌৰৱেৰে আকাশৰ এই উচ্চতা স্পৰ্শ কৰে, আমাক বহুত কথা শিকায়। এনেকুৱা এটা জীৱন আছিল গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ। বৰুণ সিঙে এখন হেলিকপ্টাৰ উৰুৱাই আছিল যি এই মাহত তামিলনাডুত দুৰ্ঘটনাত পতিত হৈছিল। সেই দুৰ্ঘটনাত, আমি দেশৰ প্ৰথম চিডিএছ জেনেৰেল বিপিন ৰাৱাট আৰু তেওঁৰ পত্নীকে ধৰি বহুতো নায়কক হেৰুৱাইছিলো। বৰুণ সিঙেও কেইবাদিনো মৃত্যুৰ সৈতে যুঁজি তাৰ পিছত তেওঁও আমাক এৰি থৈ গৈছিল। যেতিয়া বৰুণ চিকিৎসালয়ত আছিল, মই ছ’চিয়েল মিডিয়াত কিবা এটা দেখিছিলো যি মোৰ হৃদয় স্পৰ্শ কৰিছিল। তেওঁক এই বছৰৰ আগষ্টত শৌৰ্য চক্ৰ দিয়া হৈছিল। এই সন্মানৰ পিছত, তেওঁ তেওঁৰ বিদ্যালয়ৰ অধ্যক্ষলৈ এখন পত্ৰ লিখিছিল। এই চিঠিখন পঢ়ি মোৰ মনলৈ প্ৰথমটো চিন্তা আহিছিল যে সফলতাৰ শীৰ্ষত উপনীত হোৱাৰ পাছতো তেওঁলোকে শিপাবোৰ নাপাহৰিলে। দ্বিতীয়তে, যেতিয়া তেওঁলোকৰ উদযাপন কৰিবলৈ সময় আছিল, তেওঁলোকে আহিবলগীয়া প্ৰজন্মৰ বিষয়ে চিন্তা কৰিছিল। তেওঁ বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ জীৱনো উদযাপিত কৰাটো বিচাৰিছিল । তেওঁৰ পত্ৰখনত, বৰুণ সিংজীয়ে তেওঁৰ বীৰত্বৰ বিষয়ে বৰ্ণনা কৰা নাছিল কিন্তু তেওঁৰ বিফলতাৰ কথা কৈছিল। তেওঁ কেনেকৈ তেওঁৰ ত্ৰুটিবোৰক সামৰ্থ্যলৈ পৰিৱৰ্তন কৰিছিল তাৰ বিষয়ে কৈছিল। এই চিঠিখনত তেওঁ এঠাইত লিখিছে-“মধ্যমীয়া হোৱাটো কোনো ডাঙৰ কথা নহয়। সকলোৱেই বিদ্যালয়ত উৎকৃষ্ট নহ’ব পাৰে আৰু সকলোৱেই ৯০ ৰ ঘৰত নম্বৰ লাভ কৰিব নোৱাৰিবও পাৰে। যদি আপুনি এনে কৰে, ই এক আশ্চৰ্যকৰ সাফল্য আৰু ইয়াক প্ৰশংসা কৰিব লাগিব। অৱশ্যে, যদি আপুনি নকৰে, আপুনি ইয়াক মধ্যমীয়া বুলি নাভাবিব। আপুনি স্কুলত মধ্যমীয়া হ’ব পাৰে কিন্তু এইটো জীৱনত অহা ঘটনাবোৰৰ এক পৰিমাপ নহয়। আপোনাৰ অন্তৰাত্মাৰ কথা শুনক; ই কলা, সংগীত, গ্ৰাফিক ডিজাইন, সাহিত্য আদি হ’ব পাৰে। আপুনি যি কাম কৰে, সমৰ্পিত হওক, আপোনাৰ সৰ্বশ্ৰেষ্ঠ প্ৰয়াস কৰক। কেতিয়াও বিচনালৈ এই কথা ভাবি নাযাব, মই অধিক চেষ্টা কৰিব পাৰিলোহেঁতেন। বন্ধুসকল, তেওঁ গড়ৰ পৰা অসাধাৰণ হ’বলৈ দিয়া মন্ত্ৰটোও সমানে গুৰুত্বপূৰ্ণ। একেখন পত্ৰতে বৰুণ সিঙে লিখিছে: “কেতিয়াও আশা এৰি নিদিব। কেতিয়াও নাভাবিব যে আপুনি যি হ’ব বিচাৰে তাত আপুনি ভাল হ’ব নোৱাৰে। এইটো সহজ নহ’ব, ইয়াত সময় আৰু আৰাম লাগিব। মই মধ্যমীয়া আছিলোঁ, আৰু আজি, মই মোৰ কেৰিয়াৰৰ কঠিন মাইলৰ খুঁটিত উপনীত হৈছো। নাভাবিব যে দ্বাদশ ব’ৰ্ডৰ নম্বৰে সিদ্ধান্ত লয় যে আপুনি জীৱনত কি প্ৰাপ্ত কৰিবলৈ সক্ষম। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু সেই দিশত কাম কৰক। ” বৰুণে লিখিছিল যে যদি তেওঁ এজন শিক্ষাৰ্থীক অনুপ্ৰাণিত কৰিব পাৰে, তেন্তে ই যথেষ্ট হ’ব। কিন্তু, আজি, মই ক’ব বিচাৰো – তেওঁ সমগ্ৰ দেশক অনুপ্ৰাণিত কৰিছে। তেওঁৰ পত্ৰখন যদিও কেৱল শিক্ষাৰ্থীসকলৰ বাবেহে, কিন্তু তেওঁ আমাৰ সমগ্ৰ সমাজলৈ বাৰ্তাটো প্ৰেৰণ কৰিছে। বন্ধুসকল, প্ৰতি বছৰে মই একে ধৰণৰ বিষয়ত শিক্ষাৰ্থীৰ সৈতে পৰীক্ষাৰ বিষয়ে আলোচনা কৰো। এই বছৰো, পৰীক্ষাৰ আগতে, মই শিক্ষাৰ্থীসকলৰ সৈতে আলোচনা কৰাৰ পৰিকল্পনা কৰি আছো। দুদিন পিছত কাৰ্যসূচীটোৰ পঞ্জীয়ন MyGov.inত ২৮ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব। পঞ্জীয়নটো ২৮ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ চলিব। ইয়াৰ বাবে, নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ বাবে অনলাইন প্ৰতিযোগিতাও আয়োজন কৰা হ’ব। মই বিচাৰো যে আপোনালোক সকলোৱে ইয়াত অংশগ্ৰহণ কৰক। আপোনালোকক লগ পোৱাৰ সুযোগো পোৱা যাব। একেলগে, আমি পৰীক্ষা, কেৰিয়াৰ, সফলতা আৰু শিক্ষাৰ্থী জীৱনৰ সৈতে সম্পৰ্কিত বহুতো দিশৰ ওপৰত চিন্তা-চৰ্চা কৰিম। মোৰ মৰমৰ দেশবাসীসকল, মন কী বাতত, মই এতিয়া আপোনালোকক এনে এটা বিষয়ে ক’বলৈ গৈ আছোঁ যি সীমান্তৰ সিপাৰে বহু দূৰৰ পৰা আহিছে। ই আপোনাক সুখী আৰু আচৰিত কৰিব: Vocal #(Vande Matram) वन्दे मातरम् । वन्दे मातरम् सुजलां सुफलां मलयजशीतलाम् शस्यशामलां मातरम् । वन्दे मातरम् शुभ्रज्योत्स्नापुलकितयामिनीं फुल्लकुसुमितद्रुमदलशोभिनीं सुहासिनीं सुमधुर भाषिणीं सुखदां वरदां मातरम् ।। १ ।। वन्दे मातरम् । वन्दे मातरम् । মই নিশ্চিত যে আপুনি এইটো শুনি অতি সুখী হৈছে, গৌৰৱ অনুভৱ কৰিছে। বন্দে মাতৰমত সন্নিবিষ্ট আত্মাই আমাক গৌৰৱ আৰু উৎসাহেৰে ভৰাই তুলিছে। বন্ধুসকল, আপুনি নিশ্চয় ভাবিছে যে এই ধুনীয়া ভিডিঅ’টো কোন দেশৰ? উত্তৰটোৱে আপোনাক আচৰিত কৰি তুলিব। এইসকল গ্ৰীচৰ শিক্ষাৰ্থী যিয়ে বন্দে মাতৰম উপস্থাপন কৰিছিল। তাত তেওঁলোকে ইলিয়াৰ হাইস্কুলত পঢ়ে। তেওঁলোকে যি সৌন্দৰ্য আৰু আত্মাৰ সৈতে ‘বন্দে মাতৰম’ গাইছে সেয়া আশ্চৰ্যজনক আৰু প্ৰশংসনীয়। একেধৰণৰ প্ৰচেষ্টাই দুখন দেশৰ লোকক সমীপলৈ লৈ আনিছে। মই গ্ৰীচৰ এই শিক্ষাৰ্থীসকল আৰু তেওঁলোকৰ শিক্ষকসকলক অভিনন্দন জনাইছো। স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ত কৰা তেওঁলোকৰ প্ৰচেষ্টাক মই প্ৰশংসা কৰিছো। বন্ধুসকল, মই লক্ষ্ণৌৰ নিলেশজীৰ এটা পোষ্টৰ কথাও উল্লেখ কৰিব বিচাৰো। নিলেশজীয়ে লক্ষ্ণৌত অনুষ্ঠিত হোৱা এক অনন্য ড্ৰোণ শ্ব’ৰ যথেষ্ট প্ৰশংসা কৰিছে। এই ড্ৰোণ শ্ব’ লক্ষ্ণৌৰ ৰেচিডেন্সি এলেকাত অনুষ্ঠিত হৈছিল। ১৮৫৭ চনৰ স্বাধীনতাৰ প্ৰথম যুদ্ধৰ সাক্ষ্য এতিয়াও ৰেচিডেন্সিৰ দেৱালত দৃশ্যমান হৈ আছে। ৰেচিডেন্সিৰ ড্ৰোণ শ্ব’য়ে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ বিভিন্ন দিশ জীৱন্ত কৰি তুলিছিল। ‘চৌৰী চৌৰা আন্দোলন’, কাকোৰী ৰেলৰ ঘটনাই হওক বা নেতাজী সুভাষৰ অদম্য সাহস আৰু বীৰত্বই হওক, এই ড্ৰোণ শ্ব’য়ে সকলোৰে হৃদয় জয় কৰিছিল। একেদৰে, আপোনালোকে আপোনালোকৰ চহৰ, গাওঁবোৰত স্বাধীনতাৰ আন্দোলনৰ অনন্য দিশবোৰ কঢ়িয়াই আনিব পাৰে। আপোনালোকে প্ৰযুক্তিবিদ্যাৰো যথেষ্ট সহায় ল’ব পাৰে। স্বাধীনতাৰ অমৃত মহোৎসৱে আমাক স্বাধীনতা যুদ্ধৰ স্মৃতি জীয়াই থকা আৰু অনুভৱ কৰাৰ সুযোগ দিয়ে। নতুন সংকল্প গ্ৰহণ কৰা, কিবা কৰাৰ ইচ্ছা প্ৰদৰ্শন কৰা, অনুপ্ৰেৰণাদায়ক হোৱাটো দেশৰ বাবে এক অনুপ্ৰেৰণাদায়ক উৎসৱ। আহক আমি স্বাধীনতা সংগ্ৰামৰ মহান ব্যক্তিত্বৰ দ্বাৰা অনুপ্ৰাণিত হও, দেশৰ বাবে আমাৰ প্ৰচেষ্টা শক্তিশালী কৰো। মোৰ মৰমৰ দেশবাসীসকল, আমাৰ ভাৰত বহুতো অসাধাৰণ প্ৰতিভাৰে সমৃদ্ধ যাৰ কামে আনক কিবা কৰিবলৈ অনুপ্ৰাণিত কৰে। তেনে এজন ব্যক্তি হৈছে তেলেংগানাৰ ড০ কুৰেলা বিথালাচাৰ্যজী। তেওঁৰ বয়স ৮৪ বছৰ। বিথালাচাৰ্যজী ইয়াৰ এটা উদাহৰণ যে আপোনাৰ সপোনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত বয়সৰ কোনো বাধা নাই। বন্ধুসকল, বিথালাচাৰ্যজীৰ সৰুৰে পৰা এটা ডাঙৰ পুথিভঁৰাল খোলাৰ ইচ্ছা আছিল। দেশখন তেতিয়া দাসত্বৰ অধীনত আছিল, তেতিয়া কিছুমান পৰিস্থিতিত সেই শৈশৱৰ সপোনটো সপোন হৈ ৰৈছিল ৷ সময়ৰ লগে লগে, বিথালাচাৰ্যজী প্ৰবক্তা হ’ল, তেওঁ গভীৰভাৱে তেলেগু অধ্যয়ন কৰিলে আৰু ইয়াত বহুতো ৰচনাও সৃষ্টি কৰিলে। ৬-৭ বছৰ আগতে, তেওঁ আকৌ এবাৰ তেওঁৰ সপোন পূৰণ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ নিজৰ কিতাপেৰে পুথিভঁৰাল আৰম্ভ কৰিছিল। তেওঁ তেওঁৰ জীৱনজোৰা উপাৰ্জন ইয়াত বিনিয়োগ কৰিছিল। লাহে লাহে মানুহে ইয়াত যোগদান কৰিলে আৰু অৱদান আগবঢ়ালে। ইয়াদাদ্ৰী-ভূৱনাগিৰি জিলাৰ ৰামান্নাপেট মণ্ডলৰ এই পুথিভঁৰালত প্ৰায় ২ লাখ কিতাপ আছে। বিথালাচাৰ্যজীয়ে কৈছে যে তেওঁ পঢ়াশুনাত সন্মুখীন হোৱা অসুবিধাৰ সন্মুখীন হ’ব নালাগে। বহু সংখ্যক শিক্ষাৰ্থীয়ে ইয়াৰ সুবিধা লাভ কৰা দেখি তেওঁ সুখী হৈছে। তেওঁলোকৰ প্ৰচেষ্টাৰ দ্বাৰা অনুপ্ৰাণিত হৈ, আন বহুতো গাঁৱৰ লোকসকলেও পুথিভঁৰাল সৃষ্টিত নিয়োজিত হৈ পৰিছে। বন্ধুসকল, কিতাপে কেৱল জ্ঞানই প্ৰদান নকৰে বৰঞ্চ ব্যক্তিত্বও সৃষ্টি কৰে আৰু জীৱনো সৃষ্টি কৰে। কিতাপ পঢ়াৰ চখটোৱে এক আশ্চৰ্যজনক সন্তুষ্টি প্ৰদান কৰে। আজিকালি, মই দেখিছো যে মানুহে গৌৰৱেৰে মোক কয় যে মই এই বছৰ বহুতো কিতাপ পঢ়িছো। এতিয়া মই এই কিতাপবোৰৰ অধিক পঢ়িব লাগিব। এইটো এটা ভাল প্ৰৱণতা যাক আৰু উন্নত কৰিব লাগে। মই মন কী বাতৰ দৰ্শকসকলক আপোনাৰ বছৰটোৰ পাঁচখন কিতাপৰ বিষয়ে আপোনাক ক’বলৈ কম যিবোৰ আপোনাৰ প্ৰিয় আছিল। এনেদৰে আপুনি আন পঢ়ুৱৈসকলকো ২০২২ চনত ভাল কিতাপ বাচনি কৰাত সহায় কৰিব পাৰিব। যি সময়ত আমাৰ স্ক্ৰীণ টাইম বাঢ়িবলৈ ধৰিছে সেইসময়ত আমি কিতাপ পঢ়া অধিক জনপ্ৰিয় হোৱাটো নিশ্চিত কৰিবলৈ একেলগে কাম কৰিব লাগিব। মোৰ মৰমৰ দেশবাসীসকল, শেহতীয়াকৈ, মোৰ মন এক আকৰ্ষণীয় প্ৰচেষ্টাৰ প্ৰতি আকৰ্ষিত হৈছে। এই প্ৰচেষ্টাটো হ’ল কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে আমাৰ প্ৰাচীন গ্ৰন্থ আৰু সাংস্কৃতিক মূল্যবোধক জনপ্ৰিয় কৰা। পুনেত ভাণ্ডাৰকাৰ অৰিয়েণ্টেল ৰিচাৰ্চ ইনষ্টিটিউট নামৰ এটা কেন্দ্ৰ আছে। প্ৰতিষ্ঠানটোৱে আন দেশৰ লোকসকলক মহাভাৰতৰ গুৰুত্বৰ সৈতে পৰিচিত কৰিবলৈ অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰিছে। আপুনি জানি আচৰিত হ’ব যে এই পাঠ্যক্ৰমটো এইমাত্ৰ আৰম্ভ কৰা হৈছে, কিন্তু ইয়াত শিকোৱা সমলৰ প্ৰস্তুতি ১০০ বছৰতকৈও অধিক আগতে আৰম্ভ হৈছিল। যেতিয়া ইনষ্টিটিউটে ইয়াৰ সৈতে সম্পৰ্কিত পাঠ্যক্ৰম আৰম্ভ কৰিছিল, তেওঁলোকে যথেষ্ট সঁহাৰি লাভ কৰিছিল। মই এই মহান পদক্ষেপৰ কথা উল্লেখ কৰিছো যাতে মানুহে জানিব পাৰে যে আমাৰ পৰম্পৰাৰ বিভিন্ন দিশবোৰ আধুনিক ধৰণে কেনেদৰে উপস্থাপন কৰা হৈছে। সাত সাগৰৰ সিপাৰে থকা লোকসকলক ই কেনেদৰে লাভান্বিত কৰে সেয়া চাবলৈ অভিনৱ পদ্ধতিও গ্ৰহণ কৰা হৈছে। বন্ধুসকল, আজি সমগ্ৰ বিশ্বতে ভাৰতীয় সংস্কৃতিৰ বিষয়ে শিকিবলৈ আগ্ৰহ বৃদ্ধি পাইছে। বিভিন্ন দেশৰ মানুহে কেৱল আমাৰ সংস্কৃতিৰ বিষয়ে জানিবলৈ আগ্ৰহী নহয় বৰঞ্চ ইয়াক উন্নত কৰাত সহায়ো কৰি আছে। তেনে এজন ব্যক্তি হৈছে ছাৰ্বিয়ান পণ্ডিত ডঃ মোমিৰ নিকিচ (ছাৰ্বিয়ান পণ্ডিত ডঃ মোমিৰ নিকিচ)। তেওঁ এখন দ্বিভাষিক সংস্কৃত-ছাৰ্বিয়ান অভিধান বিকশিত কৰিছে। এই অভিধানত অন্তৰ্ভুক্ত ৭০,০০০ তকৈও অধিক সংস্কৃত শব্দ ছাৰ্বিয়ানলৈ অনুবাদ কৰা হৈছে। আপুনি জানি ভাল পাব যে ডঃ নিকিচে ৭০ বছৰ বয়সত সংস্কৃত শিকিছে। তেওঁ কয় যে মহাত্মা গান্ধীৰ প্ৰৱন্ধ পঢ়ি তেওঁ অনুপ্ৰাণিত হৈছিল। একেধৰণৰ উদাহৰণ হৈছে মংগোলিয়াৰ ৯৩ বছৰীয়া অধ্যাপক জে. গেনধাৰামৰ । যোৱা ৪ টা দশকত, তেওঁ ভাৰতৰ প্ৰায় ৪০ খন প্ৰাচীন গ্ৰন্থ, মহাকাব্য আৰু কৰ্ম মংগোলীয় ভাষালৈ অনুবাদ কৰিছে। আমাৰ দেশতো বহুতো মানুহে এনে মনোভাৱৰ সৈতে কাম কৰি আছে। মই গোৱাৰ সাগৰ মুলেজীৰ প্ৰচেষ্টাৰ বিষয়েও শিকিছো, যি য়ে শ শ বছৰ পুৰণি ‘কাভি’ চিত্ৰক বিলুপ্তিৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছে। কাভি’ চিত্ৰত ভাৰতৰ প্ৰাচীন ইতিহাসৰ বিষয়ে সামৰি লোৱা হৈছে। দৰাচলতে, ‘কাভ’ৰ অৰ্থ হৈছে ৰঙা মাটি। প্ৰাচীন কালত এই কলাত ৰঙা মাটি ব্যৱহাৰ কৰা হৈছিল। গোৱাত পৰ্তুগীজ শাসনকালত তাৰ পৰা প্ৰব্ৰজন কৰা লোকসকলে আন ৰাজ্যৰ লোকসকলকো এই আশ্চৰ্যকৰ চিত্ৰৰ সৈতে পৰিচয় কৰাই দিছিল। সময়ৰ লগে লগে, এই চিত্ৰ ম্লান হৈ গৈছিল। কিন্তু সাগৰ মুলেজীয়ে এই কলাত নতুন জীৱন প্ৰদান কৰিছে। তেওঁৰ প্ৰচেষ্টাইও যথেষ্ট প্ৰশংসা লাভ কৰিছে। বন্ধুসকল, এটা সৰু প্ৰচেষ্টা, আনকি এটা সৰু পদক্ষেপেও আমাৰ সমৃদ্ধ কলাৰ সংৰক্ষণত যথেষ্ট অৰিহণা যোগাব পাৰে। যদি আমাৰ দেশৰ লোকসকল সংকল্পবদ্ধ হয়, তেন্তে সমগ্ৰ দেশতে আমাৰ প্ৰাচীন কলাবোৰ সজোৱা আৰু ৰক্ষা কৰাৰ মনোভাৱ এক গণ আন্দোলনত পৰিণত হ’ব পাৰে। মই ইয়াত কেইটামান প্ৰচেষ্টাৰ কথা কৈছো। সমগ্ৰ দেশতে এনে ধৰণৰ বহুতো প্ৰচেষ্টা কৰা হৈছে। আপুনি নমো এপৰ জৰিয়তে তেওঁলোকৰ তথ্য মোৰ সৈতে ভাগ বতৰা কৰিব পাৰে। মোৰ মৰমৰ দেশবাসীসকল, অৰুণাচল প্ৰদেশৰ জনসাধাৰণে এবছৰ ধৰি এক অনন্য অভিযান আৰম্ভ কৰিছে আৰু ইয়াক “অৰুণাচল প্ৰদেশ এয়াৰগান আত্মসমৰ্পণ অভিযান” নাম দিছে। এই অভিযানত, মানুহে স্বেচ্ছাই তেওঁলোকৰ এয়াৰগান সমৰ্পণ কৰিছে – কিয় জানে? যাতে অৰুণাচল প্ৰদেশত চৰাইৰ নিৰ্বিচাৰ চিকাৰ বন্ধ কৰিব পাৰি। বন্ধুসকল, অৰুণাচল প্ৰদেশত ৫০০তকৈও অধিক প্ৰজাতিৰ চৰাই আছে। এইবোৰৰ ভিতৰত আছে কিছুমান থলুৱা প্ৰজাতিৰ চৰাই যিবোৰ পৃথিৱীৰ আন কোনো ঠাইত পোৱা নাযায়। কিন্তু লাহে লাহে অৰণ্যত চৰাইৰ সংখ্যা হ্ৰাস হ’বলৈ আৰম্ভ কৰিছে। এই এয়াৰগান আত্মসমৰ্পণ অভিযানক এতিয়াঅধিক সম্প্ৰসাৰণ কৰা হৈছে। যোৱা কেইমাহমানত, পৰ্বতৰ পৰা সমভূমিলৈ, এটা সম্প্ৰদায়ৰ সম্প্ৰদায়ৰ পৰা আনটো সম্প্ৰদায়লৈকে, মানুহে ইয়াক ৰাজ্যখনৰ সকলো ঠাইতে মুকলি মনেৰে গ্ৰহণ কৰিছে। অৰুণাচলৰ মানুহে এতিয়ালৈকে নিজৰ ইচ্ছাৰে ১৬০০তকৈও অধিক এয়াৰগান সমৰ্পণ কৰিছে। ইয়াৰ বাবে মই অৰুণাচলৰ লোকসকলক প্ৰশংসা আৰু অভিনন্দন জনাইছো। মোৰ মৰমৰ দেশবাসীসকল, ২০২২ চনৰ সৈতে জড়িত আপোনালোক সকলোৰে পৰা বহুতো বাৰ্তা আৰু পৰামৰ্শ আহিছে। এটা বিষয় সদায়ৰ দৰে বেছিভাগ মানুহৰ বাৰ্তাত উপলব্ধ আছে। এয়া হৈছে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বচ্ছ ভাৰত। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ এই সংকল্প কেৱল অনুশাসন, সজাগতা আৰু নিষ্ঠাৰ জৰিয়তেহে পূৰণ কৰা হ’ব। আমি এনচিচি কেডেটৰ (এনচিচি কেডেট) দ্বাৰা আৰম্ভ কৰা পুনীত সাগৰ অভিযানতো ইয়াৰ এক আভাস দেখিবলৈ পাও। এই অভিযানত ৩০,০০০ তকৈও অধিক এনচিচি কেডেটে অংশগ্ৰহণ কৰিছিল। এনচিচি কেডেটসকলে সমুদ্ৰতীৰ পৰিষ্কাৰ কৰিছিল, তাৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা আঁতৰ কৰিছিল আৰু ইয়াক পুনৰ্ব্যৱহাৰৰ বাবে সংগ্ৰহ কৰিছিল। আমাৰ সমুদ্ৰতীৰ, আমাৰ পৰ্বতবোৰ কেৱল তেতিয়াহে ভ্ৰমণ কৰাৰ যোগ্য যেতিয়া ই পৰিষ্কাৰ-পৰিচ্ছন্ন হয়। বহুলোকে গোটেই জীৱন কোনো ঠাইলৈ যোৱাৰ সপোন দেখে, কিন্তু যেতিয়া তেওঁলোক তালৈ যায়, আৱৰ্জনাবোৰ জ্ঞাতভাৱে বা অজ্ঞাতে বিয়পি পৰে। আমাক ইমান সুখ দিয়া ঠাইবোৰ অপৰিষ্কাৰ নকৰাটো প্ৰতিজন দেশবাসীৰ দায়িত্ব। বন্ধুসকল, মই চাফৱাটাৰ নামৰ এটা ষ্টাৰ্ট আপৰ বিষয়ে জানিবলৈ পাইছো যিটো কিছুমান যুৱকে আৰম্ভ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা আৰু ইণ্টাৰনেট অব্ থিংছৰ সহায়ত, ই তেওঁলোকৰ এলেকাত পানীৰ বিশুদ্ধতা আৰু মানদণ্ডৰ বিষয়ে তথ্য প্ৰদান কৰিব। এইটো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পৰৱৰ্তী পৰ্যায়। জনসাধাৰণৰ বাবে এক পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ ভৱিষ্যতৰ বাবে এই ষ্টাৰ্ট-আপৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এওলোকক এক গোলকীয় বঁটাও প্ৰদান কৰা হৈছে। বন্ধুসকল, ‘পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত এক পদক্ষেপ’ হৈছে এই প্ৰচেষ্টাত প্ৰতিষ্ঠান হওক বা চৰকাৰেই হওক, সকলোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। আপোনালোক সকলোৱে জানে যে আগতে চৰকাৰী কাৰ্যালয়ত কিমান পুৰণি ফাইল আৰু কাগজ আছিল। যিহেতু চৰকাৰে পুৰণি প্ৰথাবোৰ সলনি কৰা আৰম্ভ কৰিছিল, এই ফাইল আৰু কাগজবোৰ ডিজিটাইজ কৰি কম্পিউটাৰ ফ’ল্ডাৰত ৰখা হৈছে । পুৰণি আৰু অমীমাংসিত সামগ্ৰী আঁতৰাবলৈ মন্ত্ৰালয় আৰু বিভাগসমূহতো বিশেষ অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানৰ পৰা কেইটামান ডাঙৰ আকৰ্ষণীয় বস্তু সম্পন্ন হৈছে। যেতিয়া ডাক বিভাগত পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান চলোৱা হৈছিল, তেতিয়া তাৰ জাংকয়াৰ্ড সম্পূৰ্ণৰূপে খালী হৈ পৰিছিল। এতিয়া, এই জাংকয়াৰ্ড চোতাল আৰু কেফেটেৰিয়ালৈ ৰূপান্তৰিত কৰা হৈছে। আন এখন জাংকয়াৰ্ড দুচকীয়া বাহনৰ বাবে পাৰ্কিং স্থানলৈ ৰূপান্তৰিত কৰা হৈছে। একেদৰে, পৰিৱেশ মন্ত্ৰালয়ে ইয়াৰ খালী কৰা জাংকয়াৰ্ডক সুস্থতা কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে। নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে এটা পৰিষ্কাৰ এটিএমো স্থাপন কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে আৱৰ্জনা দিয়া আৰু তাৰ বিনিময়ত নগদ ধন লোৱা। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ বিভাগবোৰে শুকান পাত আৰু গছৰ পৰা পৰা জৈৱিক আৱৰ্জনাৰ পৰা জৈৱিক সাৰ প্ৰস্তুত কৰা আৰম্ভ কৰিছে। বিভাগটোৱে আৱৰ্জনা কাগজৰ পৰা ষ্টেচনেৰী সামগ্ৰী বনোৱাৰ ওপৰতো কাম কৰি আছে। আমাৰ চৰকাৰী বিভাগবোৰো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দৰে বিষয়ত ইমান অভিনৱ হ’ব পাৰে। কেইবছৰমান আগলৈকে, কোনেও ইয়াক বিশ্বাস কৰা নাছিল, কিন্তু আজি ই প্ৰণালীটোৰ এটা অংশ হৈ পৰিছে। এইটো দেশৰ নতুন চিন্তা যাক সকলো দেশবাসীয়ে একত্ৰিতভাৱে নেতৃত্ব দি আছে। মোৰ মৰমৰ দেশবাসীসকল, ‘মন কী বাত’ত, এইবাৰো, আমি বহুতো বিষয়ৰ বিষয়ে কথা পাতিলো। সদায়ৰ দৰে, এমাহ পিছত, আমি পুনৰ লগ পাম, কিন্তু, ২০২২ চনত। প্ৰতিটো নতুন আৰম্ভণিয়ে ইয়াৰ সম্ভাৱনা চিনাক্ত কৰাৰ সুযোগো প্ৰদান কৰিছে। যিবোৰ লক্ষ্য যিবোৰ আমি আগতে কল্পনাও কৰা নাছিলো। আজি দেশখনে এইসমূহৰ বাবে প্ৰচেষ্টা চলাই আছে। আমাৰ ইয়াত কোৱা হয় – क्षणश: कणशश्चैव, विद्याम् अर्थं च साधयेत्। क्षणे नष्टे कुतो विद्या, कणे नष्टे कुतो धनम्।| অৰ্থাৎ, যেতিয়া আমি জ্ঞান আহৰণ কৰিব লাগে, কিবা নতুন শিকিব লাগে, আমি প্ৰতিটো মুহূৰ্ত ব্যৱহাৰ কৰা উচিত। আৰু যেতিয়া আমি ধন উপাৰ্জন কৰিব লাগে, অৰ্থাৎ প্ৰগতি, আমি প্ৰতিটো কণা, অৰ্থাৎ প্ৰতিটো সম্পদৰ সঠিক ব্যৱহাৰ কৰিব লাগে। কিয়নো, সময়ৰ নষ্টৰ দ্বাৰা, বিদ্যা আৰু জ্ঞান হেৰাই যায়, আৰু কণাৰ ধ্বংসৰ দ্বাৰা, সম্পদ আৰু প্ৰগতিৰ পথ অৱৰুদ্ধ হয়। এইটো আমাৰ সকলো দেশবাসীৰ বাবে এক অনুপ্ৰেৰণা। আমি বহুত শিকিব লাগিব, নতুন উদ্ভাৱন কৰিব লাগিব, নতুন লক্ষ্য প্ৰাপ্ত কৰিব লাগিব, সেয়েহে, আমি এক মুহূৰ্তও নষ্ট নকৰাকৈ অনুভৱ কৰিব লাগিব। আমি দেশখনক উন্নয়নৰ এক নতুন উচ্চতালৈ লৈ যাব লাগিব, সেয়েহে আমি কৰিব লগা প্ৰতিটো সম্পদৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব লাগিব। এক প্ৰকাৰে, ই এক স্বাৱলম্বী ভাৰতৰ মন্ত্ৰ, কিয়নো যেতিয়া আমি আমাৰ সম্পদবোৰ সঠিকভাৱে ব্যৱহাৰ কৰো, আমি সেইবোৰ অপচয় হ’বলৈ নিদিও, যেতিয়া আমি স্থানীয় লোকৰ শক্তিক স্বীকৃতি দিম, তেতিয়াহে দেশখন স্বাৱলম্বী হ’ব। গতিকে, আমি ডাঙৰ চিন্তা কৰিবলৈ, ডাঙৰ সপোন দেখিবলৈ আৰু সেইবোৰ পূৰণ কৰিবলৈ জীৱন দিয়াৰ আমাৰ সংকল্প পুনৰাবৃত্তি কৰো আহক। আৰু, আমাৰ সপোনবোৰ কেৱল আমাৰ মাজতেই সীমাবদ্ধ নহ’ব। আমাৰ সপোনবোৰ এনেকুৱা হ’ব যাতে আমাৰ সমাজ আৰু দেশৰ বিকাশ সংযুক্ত হৈ পৰে, আমাৰ প্ৰগতিয়ে দেশৰ প্ৰগতিৰ পথ মুকলি কৰে আৰু তাৰ বাবে, আমি আজি অনুভৱ কৰিব লাগিব, এক মুহূৰ্ত নেহেৰুৱাকৈ, কণা নেহেৰুৱাকৈ। মই নিশ্চিত যে এই সংকল্পৰ দ্বাৰা দেশখন আগন্তুক বৰ্ষত আগবাঢ়িব আৰু ২০২২ হ’ব নতুন ভাৰত গঢ়াৰ সোণালী পৃষ্ঠা। এই দৃঢ়বিশ্বাসৰ সৈতে, ২০২২ চনত আপোনালোক সকলোলৈ মোৰ শুভেচ্ছা থাকিল। অশেষ ধন্যবাদ।
২৬.১২.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৮৪ তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%87%E0%A6%95-%E0%A6%87%E0%A6%A8-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A6%B8%E0%A7%82%E0%A6%9A/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%87%E0%A6%95-%E0%A6%87%E0%A6%A8-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A6%B8%E0%A7%82%E0%A6%9A/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'মেক ইন ইণ্ডিয়া' কাৰ্যসূচীৰ অধীনত ৰে'লৰ ডবা নিৰ্মাণৰ উদ্যোগ গ্ৰহণ কৰাৰ বাবে ভাৰতীয় ৰে'লৱেক প্ৰশংসা কৰে। ৰে'ল মন্ত্ৰালয়ৰ এক টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কয়; "উৎকৃষ্ট প্ৰৱণতা, এই প্ৰচেষ্টাৰ জৰিয়তে ১৩০ কোটি ভাৰতীয়ৰ শক্তি আৰু দক্ষতাৰ প্ৰতিফলন ঘটিছে। লগতে আত্মনিৰ্ভৰ হোৱাৰ সংকল্পও প্ৰতিফলিত হৈছে।"
‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ অধীনত ৰে’লৰ ডবা নিৰ্মাণৰ উদ্যোগ গ্ৰহণ কৰাৰ বাবে ভাৰতীয় ৰে’লৱেক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%93%E0%A6%A1%E0%A6%BC%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%A8%E0%A7%B1%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%B7-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AE%E0%A6%B9%E0%A6%BE-%E0%A6%AC%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%93%E0%A6%A1%E0%A6%BC%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%A8%E0%A7%B1%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%B7-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AE%E0%A6%B9%E0%A6%BE-%E0%A6%AC%E0%A6%BF/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িয়া নৱবৰ্ষ আৰু মহা বিষুৱ পনা সংক্ৰান্তি উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। এটি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়; “ওড়িয়া নৱবৰ্ষ আৰু মহা বিষুৱ পনা সংক্ৰান্তিৰ শুভেচ্ছা জনালো। নতুন বৰ্ষটো সুখৰে ভৰি পৰক। ই যেন আমাৰ সমাজলৈ ভ্ৰাতৃত্ববোধৰ উদ্দীপনাৰ সঞ্চাৰ কৰে আৰু সকলোকে সু-স্বাস্থ্যৱান কৰি ৰাখে, তাৰেই কামনা কৰিলো।”
ওড়িয়া নৱবৰ্ষ আৰু মহা বিষুৱ পনা সংক্ৰান্তিৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%AA%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%AA%E0%A7%8D/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰম পূজ্য প্ৰমুখ স্বামী মহাৰাজজীৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিএপিএছ স্বামীনাৰায়ণ সংস্থানৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; "শ্ৰী প্ৰমুখ স্বামী মহাৰাজজীৰ জন্ম জয়ন্তীত মই তেওঁৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। মই নিজকে ধন্য বুলি বিবেচনা কৰোঁ যে মই বহুসময়ত তেওঁৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলো আৰু তেওঁৰ পৰা যথেষ্ট মৰমপাইছিলো। সমাজৰ প্ৰতি তেওঁৰ আশ্চৰ্যজনক অগ্ৰণী সেৱাৰ বাবে তেওঁ সমগ্ৰ বিশ্বতে প্ৰশংসিত।"
প্ৰধানমন্ত্ৰীয়ে শ্ৰী প্ৰমুখ স্বামী মহাৰাজজীৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE-7/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE-7/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰত মহাত্মা মন্দিৰ সন্মিলন আৰু প্ৰদৰ্শনী কেন্দ্ৰত ডিফেক্সপো২২ উদ্বোধন কৰে। ইণ্ডিয়া পেভিলিয়নত প্ৰধানমন্ত্ৰীয়ে হিন্দুস্তান এৰোনটিক্স লিমিটেডৰ দ্বাৰা ডিজাইন কৰা থলুৱা প্ৰশিক্ষক বিমান এইচটিটি-৪০ উন্মোচন কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে মিছন ডিফস্পেছৰো শুভাৰম্ভ কৰে আৰু গুজৰাটৰ দিছা বিমানক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী আৰু গুজৰাটৰ পুত্ৰ হিচাপে সক্ষম আৰু আত্মনিৰ্ভৰ ভাৰতৰ এক অনুষ্ঠানত প্ৰতিনিধিসকলক আদৰণি জনায়। ডিফেক্সপো২ ২০২২ ৰ সংগঠন সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই নিউ ইণ্ডিয়া আৰু ইয়াৰ সামৰ্থ্যৰ ছবি অংকন কৰিছে যাৰ সংকল্প অমৃত কালৰ সময়ত গঢ়ি তোলা হৈছে। তেওঁ লগতে কয় যে ই দেশৰ উন্নয়নৰ লগতে ৰাজ্যসমূহৰ সহযোগিতাৰ এক সংমিশ্ৰণ। "ইয়াত যুৱসকলৰ শক্তি আৰু সপোন আছে, ইয়াত যুৱসকলৰ সংকল্প আৰু সামৰ্থ্য আছে। বিশ্বৰ বাবে ইয়াৰ আশা আৰু বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰসমূহৰ বাবে সুযোগ আছে" প্ৰধানমন্ত্ৰীয়ে কয়। ডিফেক্সপোৰ এই সংস্কৰণৰ স্বকীয়তাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "এইটো প্ৰথম প্ৰতিৰক্ষা এক্সপো য'ত কেৱল ভাৰতীয় কোম্পানীয়ে অংশগ্ৰহণ কৰিছে আৰু ইয়াত কেৱল মেড ইন ইণ্ডিয়া সঁজুলি আছে।" তেওঁ ঘোষণা কৰে, "লৌহ পুৰুষ চৰ্দাৰ পেটেলৰ দেশৰ পৰা আমি বিশ্বৰ আগত ভাৰতৰ সামৰ্থ্যৰ এক উদাহৰণ স্থাপন কৰিছো। এক্সপোত ১৩০০ ৰো অধিক প্ৰদৰ্শক আছে যাৰ ভিতৰত আছে ভাৰত প্ৰতিৰক্ষা উদ্যোগ, ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগৰ সৈতে সম্পৰ্কিত কিছুমান যুটীয়া উদ্যোগ, এমএছএমই আৰু ১০০ৰো অধিক ষ্টাৰ্টআপ। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ই ভাৰতৰ সামৰ্থ্য আৰু সম্ভাৱনাৰ এক আভাস প্ৰদান কৰে। তেওঁ লগতে জনায় যে প্ৰথমবাৰৰ বাবে ৪০০তকৈও অধিক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰি কয় যে যেতিয়া ভাৰতে ইয়াৰ সপোনক ৰূপ দিছে, যিসময়ত আফ্ৰিকাৰ ৫৩খন বন্ধুত্বপূৰ্ণ দেশে আমাৰ সৈতে আগবাঢ়িছে। "ভাৰত আৰু আফ্ৰিকাৰ মাজৰ এই সম্পৰ্ক সময়-পৰীক্ষিত বিশ্বাসৰ ওপৰত আধাৰিত যি সময় অতিবাহিত হোৱাৰ লগে লগে নতুন মাত্ৰা অধিক গভীৰতাৰে স্পৰ্শ কৰি আছে", প্ৰধানমন্ত্ৰীয়ে লগতে কয়। আফ্ৰিকা আৰু গুজৰাটৰ মাজৰ পুৰণি সম্পৰ্কৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে আফ্ৰিকাৰ প্ৰথমখন ৰে'লপথত কচ্ছৰ লোকসকলে অংশগ্ৰহণ কৰিছিল। আফ্ৰিকাৰ দৈনন্দিন জীৱনত ব্যৱহৃত বহুতো শব্দৰ উৎপত্তি আফ্ৰিকাৰ গুজৰাটী সম্প্ৰদায়ৰ পৰা আহিছে। "আনকি মহাত্মা গান্ধীৰ দৰে এজন গোলকীয় নেতাৰ বাবেও, যদি গুজৰাট তেওঁৰ জন্মস্থান হয়, তেন্তে আফ্ৰিকা তেওঁৰ প্ৰথম 'কৰ্মভূমি' আছিল। আফ্ৰিকাৰ প্ৰতি এই সম্পৰ্ক এতিয়াও ভাৰতৰ বৈদেশিক নীতিৰ কেন্দ্ৰবিন্দু। ক’ৰোনা কালত, যেতিয়া সমগ্ৰ বিশ্ব প্ৰতিষেধকৰ বিষয়ে চিন্তিত আছিল, ভাৰতে আফ্ৰিকাত আমাৰ বন্ধুত্বপূৰ্ণ দেশসমূহক অগ্ৰাধিকাৰ দি প্ৰতিষেধকটো প্ৰদান কৰিছিল", তেওঁ কয়। এক্সপোৰ সময়ত দ্বিতীয় ভাৰত মহাসাগৰীয় অঞ্চল+ (আইঅআৰ+) সন্মিলন অনুষ্ঠিত হ'ব, যিয়ে অঞ্চলটোত সকলোৰে বাবে সুৰক্ষা আৰু বিকাশৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি শান্তি, বিকাশ, স্থিৰতা আৰু সমৃদ্ধি বৃদ্ধিৰ বাবে আইঅআৰ+ ৰাষ্ট্ৰসমূহৰ মাজত প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ বাবে এক ব্যাপক আলোচনাৰ মঞ্চ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে কয়, "আজি আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তাৰ পৰা বিশ্ব বাণিজ্যলৈকে সামুদ্ৰিক নিৰাপত্তাই বিশ্বব্যাপী অগ্ৰাধিকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। বিশ্বায়নৰ যুগত ব্যৱসায়ী নৌসেনাৰ ভূমিকাও সম্প্ৰসাৰিত হৈছে।" তেওঁ লগতে কয়, "ভাৰতৰ পৰা বিশ্বৰ প্ৰত্যাশা বৃদ্ধি পাইছে আৰু মই বিশ্ব সম্প্ৰদায়ক আশ্বাস দিছো যে ভাৰতে সেইবোৰ পূৰণ কৰিব। সেয়েহে, এই প্ৰতিৰক্ষা এক্সপো ভাৰতৰ প্ৰতি বিশ্বব্যাপী বিশ্বাসৰ প্ৰতীক"৷ প্ৰধানমন্ত্ৰীয়ে উন্নয়ন আৰু ঔদ্যোগিক সামৰ্থ্যৰ ক্ষেত্ৰত গুজৰাটৰ পৰিচয়ৰ কথা স্বীকাৰ কৰে। "এই প্ৰতিৰক্ষা এক্সপোয়ে এই পৰিচয়ক এক নতুন উচ্চতা প্ৰদান কৰিছে", তেওঁ কয়। তেওঁ লগতে কয় যে গুজৰাটে অনাগত দিনত প্ৰতিৰক্ষা উদ্যোগৰ এক মুখ্য কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব। গুজৰাটৰ দিছা বিমানক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অগ্ৰণী বায়ু সেনা ঘাটিয়ে দেশৰ নিৰাপত্তা স্থাপত্য বৃদ্ধি কৰিব। সীমান্তৰ সৈতে দিছাৰ ঘনিষ্ঠতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া ভাৰতে পশ্চিম সীমান্তত যিকোনো দুঃসাহসিক ঘটনাৰ সঁহাৰি দিবলৈ অধিক প্ৰস্তুত। "চৰকাৰলৈ অহাৰ পিছত, আমি দিছাত এটা কাৰ্যকৰী ঘাটি স্থাপন কৰাৰ সিদ্ধান্ত লৈছিলো, আৰু আমাৰ সেনাবাহিনীৰ এই প্ৰত্যাশা আজি পূৰণ কৰা হৈছে। এই অঞ্চলটো এতিয়া দেশৰ নিৰাপত্তাৰ এক কাৰ্যকৰী কেন্দ্ৰ হৈ পৰিব", শ্ৰী মোদীয়ে লগতে কয়। "মহাকাশ প্ৰযুক্তি হৈছে ভৱিষ্যতে যিকোনো শক্তিশালী ৰাষ্ট্ৰৰ বাবে নিৰাপত্তাৰ অৰ্থ কি হ'ব তাৰ এক উদাহৰণ। এই ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বান তিনিটা সেৱাৰ দ্বাৰা পৰ্যালোচনা আৰু চিনাক্ত কৰা হৈছে। আমি সেইবোৰ সমাধান কৰিবলৈ দ্ৰুতগতিত কাম কৰিব লাগিব।" "মিছন ডিফেঞ্চ স্পেচ", তেওঁ আগলৈ কয়, "কেৱল উদ্ভাৱনক উৎসাহিত কৰাই নহয় আৰু আমাৰ বাহিনীক শক্তিশালী কৰাই নহয়, লগতে নতুন আৰু উদ্ভাৱনীমূলক সমাধানো প্ৰদান কৰিব।" প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মহাকাশ প্ৰযুক্তিয়ে ভাৰতৰ উদাৰ মহাকাশ কূটনীতিৰ নতুন সংজ্ঞা গঢ়ি তুলিছে, যাৰ ফলত নতুন সম্ভাৱনাৰ জন্ম হৈছে। "আফ্ৰিকাৰ বহুতো দেশ আৰু আন বহুতো সৰু দেশ ইয়াৰ পৰা লাভান্বিত হৈছে", তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে ৬০ খনতকৈও অধিক উন্নয়নশীল দেশ আছে যাৰ সৈতে ভাৰতে ইয়াৰ মহাকাশ বিজ্ঞান ভাগ-বতৰা কৰি আছে। "দক্ষিণ এছিয়াৰ উপগ্ৰহ ইয়াৰ এক কাৰ্যকৰী উদাহৰণ। অহা বছৰৰ ভিতৰত, দহখন এছিয়ান দেশেও ভাৰতৰ উপগ্ৰহ তথ্যৰ বাস্তৱ-সময়ৰ প্ৰৱেশাধিকাৰ লাভ কৰিব। আনকি ইউৰোপ আৰু আমেৰিকাৰ দৰে উন্নত দেশসমূহেও আমাৰ উপগ্ৰহ তথ্য ব্যৱহাৰ কৰি আছে", তেওঁ লগতে কয়। প্ৰতিৰক্ষা খণ্ডত প্ৰধানমন্ত্ৰীয়ে কয়, নতুন ভাৰতে অভিপ্ৰায়, উদ্ভাৱন আৰু ৰূপায়ণৰ মন্ত্ৰলৈ আগবাঢ়িছে। ৮ বছৰ আগলৈকে, ভাৰতক বিশ্বৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা আমদানিকৰ্তা হিচাপে স্বীকৃতি দিয়া হৈছিল। কিন্তু নতুন ভাৰতে অভিপ্ৰায় দেখুৱাইছে, ইচ্ছাশক্তি দেখুৱাইছে আৰু 'মেক ইন ইণ্ডিয়া' আজি প্ৰতিৰক্ষা খণ্ডত সফলতাৰ কাহিনী হৈ পৰিছে। "যোৱা ৫ বছৰত আমাৰ প্ৰতিৰক্ষা ৰপ্তানি ৮ গুণ বৃদ্ধি পাইছে। আমি বিশ্বৰ ৭৫ খনতকৈও অধিক দেশলৈ প্ৰতিৰক্ষা সামগ্ৰী আৰু সঁজুলি ৰপ্তানি কৰি আছো। ২০২১-২২ বৰ্ষত ভাৰতৰ পৰা প্ৰতিৰক্ষা ৰপ্তানি ১.৫৯ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ১৩ হাজাৰ কোটি টকাত উপনীত হৈছিল। আৰু আগন্তুক সময়ত আমি ৫ বিলিয়ন ডলাৰ অৰ্থাৎ ৪০ হাজাৰ কোটি টকা পোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো', তেওঁ লগতে কয়। বিশ্বই আজি ভাৰতৰ প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি আছে কাৰণ ভাৰতৰ সেনাবাহিনীয়ে তেওঁলোকৰ সামৰ্থ্য প্ৰমাণ কৰিছে। ভাৰতীয় নৌসেনাই আইএনএছ-বিক্ৰান্তৰ দৰে অত্যাধুনিক বিমান বাহকক ইয়াৰ নৌসেনাত অন্তৰ্ভুক্ত কৰিছে। এই অভিযান্ত্ৰিক দৈত্য আৰু বিশাল উৎকৃষ্ট কৃতি কোচিন শ্বিপয়াৰ্ড লিমিটেডে থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰিছে। 'ভাৰতীয় বায়ু সেনাৰ 'মেক ইন ইণ্ডিয়া' উদ্যোগৰ অধীনত বিকশিত প্ৰচণ্ড লাইট কমবেট হেলিকপ্টাৰৰ অন্তৰ্ভুক্তি ভাৰতৰ প্ৰতিৰক্ষা সামৰ্থ্যৰ এক স্পষ্ট উদাহৰণ, তেওঁ কয়। ভাৰতৰ প্ৰতিৰক্ষা খণ্ডক স্বাৱলম্বী কৰি তোলাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সেনাই কেৱল দেশৰ ভিতৰতে ক্ৰয় কৰা সঁজুলিৰ দুখন তালিকাও চূড়ান্ত কৰিছে। এনে ১০১ টা সামগ্ৰীৰ এই তালিকা আজি প্ৰকাশ কৰা হৈছে। এই সিদ্ধান্তবোৰে এক স্বাৱলম্বিতাপূৰ্ণ ভাৰতৰ সম্ভাৱনাও প্ৰদৰ্শন কৰে। তালিকাখনৰ পিছত, প্ৰতিৰক্ষা খণ্ডৰ এনে ৪১১টা সঁজুলি আৰু উপাদান থাকিব, যাক কেৱল "মেক ইন ইণ্ডিয়া"ৰ অধীনত ক্ৰয় কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে এই বৃহৎ বাজেটে ভাৰতীয় কোম্পানীসমূহৰ ভেটি শক্তিশালী কৰিব আৰু তেওঁলোকক নতুন উচ্চতালৈ লৈ যাব। তেওঁ লগতে কয় যে দেশৰ যুৱপ্ৰজন্মই ইয়াৰ পৰা আটাইতকৈ বেছি লাভান্বিত হ'ব। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰতিৰক্ষা যোগানৰ ক্ষেত্ৰত কেইটামান কোম্পানীয়ে সৃষ্টি কৰা একচেটিয়া অধিকাৰৰ সলনি নিৰ্ভৰযোগ্য বিকল্প এতিয়া বৃদ্ধি পাইছে। "ভাৰতৰ যুৱপ্ৰজন্মই প্ৰতিৰক্ষা উদ্যোগত এই একচেটিয়া অধিকাৰ ভংগ কৰাৰ শক্তি প্ৰদৰ্শন কৰিছে আৰু আমাৰ যুৱপ্ৰজন্মৰ এই প্ৰচেষ্টা বিশ্বৰ হিতৰ বাবে" শ্ৰী মোদীয়ে কয়। তেওঁ উল্লেখ কৰে যে সম্পদৰ অভাৱত তেওঁলোকৰ নিৰাপত্তাত পিছ পৰি থকা বিশ্বৰ সৰু দেশসমূহে এতিয়া ইয়াৰ পৰা যথেষ্ট লাভান্বিত হ'ব। প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতে প্ৰতিৰক্ষা খণ্ডক সুযোগৰ এক অসীম আকাশ হিচাপে বিবেচনা কৰিছে, ইতিবাচক সম্ভাৱনা হিচাপে।" প্ৰতিৰক্ষা খণ্ডত বিনিয়োগৰ সুযোগ সন্দৰ্ভত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে উত্তৰ প্ৰদেশ আৰু তামিলনাডুত দুটা প্ৰতিৰক্ষা কৰিডৰ নিৰ্মাণ কৰি আছে আৰু বিশ্বৰ বহুতো ডাঙৰ কোম্পানীয়ে ভাৰতত বিনিয়োগ কৰিবলৈ আহি আছে। তেওঁ এই খণ্ডত এমএছএমইৰ শক্তিৰ ওপৰতো আলোকপাত কৰে আৰু জনায় যে এই বিনিয়োগৰ আঁৰত যোগান শৃংখলাৰ এক বৃহৎ নেটৱৰ্ক সৃষ্টি কৰাৰ সময়ত এই ডাঙৰ কোম্পানীবোৰক আমাৰ এমএছএমইবোৰে সমৰ্থন কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, "এই ক্ষেত্ৰত এনে ধৰণৰ বিনিয়োগে যুৱসকলৰ বাবে সেই অঞ্চলসমূহত বৃহৎ নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব যিবোৰৰ বিষয়ে আগতে ভবা হোৱা নাছিল"। প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা এক্সপোত উপস্থিত থকা সকলো কোম্পানীক আহ্বান জনায় আৰু ভৱিষ্যতৰ ভাৰতক কেন্দ্ৰত ৰাখি এই সুযোগসমূহক ৰূপ দিবলৈ আহ্বান জনায়। "আপোনালোকে উদ্ভাৱন কৰক, বিশ্বৰ সৰ্বশ্ৰেষ্ঠ হোৱাৰ প্ৰতিশ্ৰুতি দিয়ক আৰু এক শক্তিশালী উন্নত ভাৰতৰ সপোনক ৰূপ দিয়ক। আপোনালোকে সদায়েই মোৰ সমৰ্থন পাব", তেওঁ এইদৰে ভাষণৰ সামৰণি মাৰে। গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, চীফ অব্ ডিফেঞ্চ জেনেৰেল অনিল চৌহান, সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে, বায়ু সেনাপ্ৰধান এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধুৰী, নৌ সেনা প্ৰধান, এডমিৰেল আৰ হৰি কুমাৰ আৰু ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা সচিব ড০ অজয় কুমাৰো অনুষ্ঠানটোত উপস্থিত আছিল।
প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ গান্ধীনগৰত মহাত্মা মন্দিৰ সন্মিলন আৰু প্ৰদৰ্শনী কেন্দ্ৰত ডিফেক্সপো২২ উদ্বোধন কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%95%E0%A6%AE%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%B2%E0%A6%A5/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%95%E0%A6%AE%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%B2%E0%A6%A5/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰোত্তোলক বিদ্যাৰাণী দেৱীক বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ত ৰূপৰ পদক জয় কৰাত অভিনন্দন জনাইছে। এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে; "চিডব্লিউজি, বাৰ্মিংহামত ৰূপৰ পদক জয় কৰাত বিদ্যাৰাণী দেৱীক অভিনন্দন। এই প্ৰাপ্তি তেওঁৰ দৃঢ়তাৰ অভিব্যক্তি আৰু ই প্ৰতিজন ভাৰতীয়ক বহুত আনন্দ দিছে। মই ভৱিষ্যতৰ প্ৰয়াসৰ বাবে তেওঁক শুভকামনা জনাইছো।"
প্ৰধানমন্ত্ৰীয়ে কমনৱেলথ গেমছ ২০২২ত ৰূপৰ পদক জয় কৰাত ভাৰোত্তোলক বিদ্যাৰাণী দেৱীক অভিনন্দন জনা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A7%B0%E0%A6%BE%E0%A6%B2%E0%A6%BE%E0%A7%B0-%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%95%E0%A6%BE%E0%A6%A1%E0%A6%BC%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A6%9F/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A7%B0%E0%A6%BE%E0%A6%B2%E0%A6%BE%E0%A7%B0-%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%95%E0%A6%BE%E0%A6%A1%E0%A6%BC%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A6%9F/
কেৰালাৰ পালাক্কাড় জিলাত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ বাবে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য নিধি’ৰ পৰা দুৰ্ঘটনাটোত নিহতসকলৰ নিকটাত্মীয়লৈ ২ লাখকৈ আৰু প্ৰতিগৰাকী আহতলৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে; “কেৰালাৰ পালাক্কাড় জিলাত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ বাবে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনোৱাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে”। “প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য নিধিৰ পৰা দুৰ্ঘটনাটোত নিহতসকলৰ নিকটাত্মীয়লৈ ২ লাখকৈ আৰু প্ৰতিগৰাকী আহতলৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব”।
কেৰালাৰ পালাক্কাড়ত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BE%E0%A6%87%E0%A6%B2%E0%A7%88-%E0%A6%86%E0%A6%B2%E0%A6%BF%E0%A6%97%E0%A7%9C%E0%A6%A4-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%BE-%E0%A6%AE%E0%A6%B9%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BE%E0%A6%87%E0%A6%B2%E0%A7%88-%E0%A6%86%E0%A6%B2%E0%A6%BF%E0%A6%97%E0%A7%9C%E0%A6%A4-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%BE-%E0%A6%AE%E0%A6%B9%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ (১৪ ছেপ্টেম্বৰ) দুপুৰ ১২টা নগদ উত্তৰ প্রদেশৰ আলিগড়ত ৰাজা মহেন্দ্র প্রতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভাষণ আগবঢ়াব৷ ইয়াৰপাছত তেওঁ উত্তৰ প্রদেশ প্রতিৰক্ষা উদ্যোগ কৰিড’ৰৰ আলিগড় নোড আৰু ৰাজা মহেন্দ্র প্রতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আদৰ্শ প্রদর্শনী পৰিদৰ্শন কৰিব৷ ৰাজা মহেন্দ্র প্রতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সম্পর্কে মহান স্বাধীনতা সংগ্রামী, শিক্ষাবিদ আৰু সমাজ সংস্কাৰক ৰাজা মহেন্দ্র প্রতাপ সিংজীৰ স্মৃতিৰ প্রতি সন্মান আৰু শ্রদ্ধা জনাব ৰাজ্যিক চৰকাৰ এই বিশ্ববিদ্যালয় নিৰ্মাণৰ সিদ্ধান্ত লৈছে। আলিগড়ৰ কোল তহশিলৰ লোধা আৰু মুচেপুৰ কৰিম জাৰৌলি গাঁৱত ৯২ একৰতকৈ অধিক এলেকা জুৰি এই বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হ’ব৷ আলিগড় ডিভিজনৰ ৩৯৫খন কলেজ এই বিশ্ববিদ্যালয়ৰ অধীনলৈ আহিব৷ উত্তৰপ্রদেশৰ প্রতিৰক্ষা উদ্যোগ কৰিড’ৰ প্রসংগত প্রধানমন্ত্রীয়ে ২০১৮ চনৰ ২১ ফেব্রুৱাৰীত লক্ষ্ণৌত বিনিয়োগ সন্মিলন উদ্বোধন কৰাৰ সময়ত ৰাজ্যত এটা প্রতিৰক্ষা উদ্যোগ কৰিড’ৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছিল৷ এই উদ্যোগ কৰিড’ৰত মুঠ ৬টা নোড আছে। সেইবোৰ হৈছে-আলিগড়, আগ্রা, কানপুৰ, চিত্রকূট, ঝান্সি আৰু লক্ষ্ণৌ। আলিগড় নোডৰ বাবে ইতিমধ্যে ভূমি আৱন্টন প্রক্রিয়াৰ কাম শেষ হৈছে আৰু কৰিড’ৰ গঢ়ি তোলাৰ বাবে ১৯টা সংস্থাক ভূমি হস্তান্তৰিত কৰা হৈছে। কৰিড’ৰ নিৰ্মাণৰ বাবে এই ১৯টা সংস্থাই ১,২৪৫ কোটি টকা বিনিয়োগ কৰিব৷ উত্তৰ প্রদেশৰ প্রতিৰক্ষা উদ্যোগ কৰিড’ৰটো প্রতিৰক্ষা সামগ্রী উৎপাদন আৰু ‘মেক ইন ইণ্ডিয়া’ কর্মসূচী প্রসাৰত দেশক আত্মনির্ভৰ কৰি তোলাত সহায় কৰিব৷ অনুষ্ঠানত উত্তৰ প্রদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্রী উপস্থিত থাকিব৷
কাইলৈ আলিগড়ত ৰাজা মহেন্দ্র প্রতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব প্রধানমন্ত্রীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%AE%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%AC-4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%AE%E0%A7%80-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%AC-4/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৱিত্ৰ জন্মাষ্টমী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; "পৱিত্ৰ জন্মাষ্টমী উপলক্ষে সমগ্ৰ দেশবাসীক শুভেচ্ছা জনাইছোঁ। ভক্তি আৰু আনন্দৰ এই উত্‍সৱে সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি আৰু সৌভাগ্য কঢ়িয়াই আনক। জয় শ্ৰী কৃষ্ণ!"
জন্মাষ্টমী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%AE%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%B2%E0%A6%A5-%E0%A6%97%E0%A7%87%E0%A6%AE%E0%A6%9B-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8%E0%A6%A4-%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%9E%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%AE%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%B2%E0%A6%A5-%E0%A6%97%E0%A7%87%E0%A6%AE%E0%A6%9B-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8%E0%A6%A4-%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%9E%E0%A7%8D/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছ ২০২২ত ব্ৰঞ্জৰ সন্মান লাভ কৰাৰ বাবে ভাৰোত্তোলক পি গুৰুৰাজাক অভিনন্দন জনাইছে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; "পি. গুৰুৰাজাৰ সাফল্যত অতিশয় আনন্দিত! কমনৱেলথ গেমছত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰিছো। তেওঁ অত্যন্ত ধৈৰ্য আৰু দৃঢ়তাৰ পৰিচয় দিছে। ক্ৰীড়া যাত্ৰাত তেওঁ আৰু বহুতো মাইলৰ খুঁটিত উপনীত হোৱাৰ কামনা কৰিলোঁ।"
কমনৱেলথ গেমছ ২০২২ত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ভাৰোত্তোলক পি গুৰুৰাজাক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A9-%E0%A6%9C%E0%A6%BE%E0%A6%A8%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A6%A4-%E0%A7%A7%E0%A7%A6%E0%A7%AE-%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%95-%E0%A6%AD/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A9-%E0%A6%9C%E0%A6%BE%E0%A6%A8%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A6%A4-%E0%A7%A7%E0%A7%A6%E0%A7%AE-%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%95-%E0%A6%AD/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩ জানুৱাৰী, ২০২২ৰ দিনা পুৱা ১০.৩০ বজাত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘১০৮ সংখ্যক ভাৰতীয় বিজ্ঞান কংগ্ৰেছ’(আইএছচি)ত ভাষণ প্ৰদান কৰিব। এই বছৰৰ ‘আইএছচি’ৰ প্ৰতিপাদ্য বিষয় হৈছে "মহিলা সৱলীকৰণৰ সৈতে বহনক্ষম বিকাশৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা"। ইয়াত বহনক্ষম উন্নয়ন, মহিলা সৱলীকৰণ আৰু ইয়াক লাভ কৰাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ভূমিকা সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব। অংশগ্ৰহণকাৰীসকলে শিক্ষাদান, গৱেষণা আৰু উদ্যোগক্ষেত্ৰৰ উচ্চ পৰ্যায়ত মহিলাৰ সংখ্যা বৃদ্ধি কৰাৰ উপায় উদ্ভাৱন সন্দৰ্ভত আলাপ-আলোচনা কৰাৰ লগতে মহিলাসকলক ‘ষ্টেম’ (বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক, গণিত) শিক্ষা, গৱেষণাৰ সুযোগ আৰু অৰ্থনৈতিক ক্ষেত্ৰত অংশগ্ৰহণত সম প্ৰৱেশাধিকাৰ প্ৰদান কৰাৰ বাবে পথ অন্বেষণৰ প্ৰয়াস কৰিব। ইয়াত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত মহিলাসকলৰ অৱদানৰ প্ৰদৰ্শন কৰাৰ বাবে এক বিশেষ কাৰ্যসূচীও অনুষ্ঠিত কৰা হ'ব, য'ত প্ৰখ্যাত মহিলা বিজ্ঞানীসকলৰ বক্তৃতাও প্ৰত্যক্ষ কৰিব পৰা যাব। ‘আইএছচি’ৰ সৈতে সংগতি ৰাখি আন কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। শিশুসকলৰ মাজত বিজ্ঞানৰ প্ৰতি আগ্ৰহ আৰু বিজ্ঞান-মনস্কতা উদ্দীপিত কৰাত সহায় কৰিবলৈ অনুষ্ঠিত কৰা হ'ব ‘শিশু বিজ্ঞান কংগ্ৰেছ’। সেইদৰে, ‘কৃষক বিজ্ঞান কংগ্ৰেছ’-য়ে জৈৱ-অৰ্থনীতি উন্নত কৰিবলৈ আৰু যুৱ-প্ৰজন্মক কৃষিৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰিব। ইয়াত অনুষ্ঠিত হ'ব লগা ‘জনজাতীয় বিজ্ঞান কংগ্ৰেছ’ত জনজাতীয় মহিলাসকলৰ সৱলীকৰণত গুৰুত্ব দিয়াৰ লগতে ই থলুৱা প্ৰাচীন জ্ঞান প্ৰণালী আৰু অনুশীলনৰ বৈজ্ঞানিক প্ৰদৰ্শনৰ এক মঞ্চ হৈ উঠিব। এই ‘কংগ্ৰেছ’ৰ প্ৰথমখন অধিৱেশন ১৯১৪ চনত অনুষ্ঠিত হৈছিল। ‘আইএছচি’ৰ ১০৮ সংখ্যক বাৰ্ষিক অধিৱেশনখন ‘ৰাষ্ট্ৰসন্ত তুকাড়োজী মহাৰাজ নাগপুৰ বিশ্ববিদ্যালয়’ত অনুষ্ঠিত হ'ব, যি খন বিশ্ববিদ্যালয়ে এই বছৰ ইয়াৰ শতবাৰ্ষিকী উদযাপন কৰি আছে।
৩ জানুৱাৰীত ‘১০৮ সংখ্যক ভাৰতীয় বিজ্ঞান কংগ্ৰেছ’ত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0-%E0%A6%A1%E0%A6%BF%E0%A6%AB%E0%A7%81%E0%A6%A4-%E0%A6%B6%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%89%E0%A6%A8%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0-%E0%A6%A1%E0%A6%BF%E0%A6%AB%E0%A7%81%E0%A6%A4-%E0%A6%B6%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%89%E0%A6%A8%E0%A7%8D/
ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়! কাৰ্বি আং-লং কৰ্টে ইংজিৰ, কে-দো আন-আফাণ্টা, নেলী কাৰ্ডোম পাজিৰ ইগ্লো। অসমৰ ৰাজ্যপাল শ্ৰী জগদীশ মুখীজী, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাজী, কাৰ্বি ৰজা শ্ৰী ৰামচিং ৰংহাং জী, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শ্ৰী তুলিৰাম ৰংহাংজী, অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী পীয়ুষ হাজাৰিকা জী, যোগেন মহনজী, সংসদৰ মোৰ সহকৰ্মী শ্ৰী হৰেণ সিং বে’ জী, বিধায়ক শ্ৰী ভৱেশ কলিতা জী আন সকলো জনপ্ৰতিনিধি আৰু কাৰ্বি আংলঙৰ মোৰ মৰমৰ ভাই-ভনীসকল! যেতিয়াই মই আপোনাৰ মাজত আহিবলৈ সুযোগ পাইছো। আপোনাৰ প্ৰেম বহুত, এয়া আপোনাৰ নিজৰতা, এনে লাগে যেন আপুনি ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিছে। আজিও, ইমান বৃহৎ সংখ্যক সময়ত, আপুনি আমাক আশীৰ্বাদ কৰিবলৈ দূৰদূৰণিৰ পৰা ইয়ালৈ আহিছে আৰু সেইটোও আপোনাৰ পৰম্পৰাগত পোছাকত উৎসাহ আৰু উদযাপনৰ মেজাজত আৰু প্ৰৱেশদ্বাৰত তেওঁলোকৰ পৰম্পৰাগত পৰম্পৰা অনুসৰি ইয়াত থকা সকলো লোকে আমাক যিদৰে আশীৰ্বাদ দিছে, মই আপোনালোকলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। মৰমৰ ভাই-ভনীসকল, এয়া এক সুখৰ কাকতালীয় ঘটনা যে আজি যেতিয়া দেশখনে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছে, আমি এই পৃথিৱীৰ মহান পুত্ৰ লাচিত বৰফুকনজীৰ ৪০০ তম জন্ম জয়ন্তীও উদযাপন কৰিআছো। তেওঁৰ জীৱন দেশপ্ৰেম আৰু ৰাষ্ট্ৰ শক্তিৰ বাবে এক অনুপ্ৰেৰণা। কাৰ্বি আংলঙৰ পৰা, মই দেশৰ এই মহান নায়কজনক প্ৰণাম জনাইছো, মই তেওঁক প্ৰণাম জনাইছো আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছো। বন্ধুসকল, বিজেপিৰ দ্বৈত ইঞ্জিনৰ চৰকাৰ, য'তেই নহওঁক, সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকাৰ প্ৰচেষ্টাই এই মনোভাৱৰে কাম কৰে। আজি কাৰ্বি আংলঙৰ এই ভূমিত এই সংকল্প পুনৰ শক্তিশালী হৈছে। অসমৰ স্থায়ী শান্তি আৰু দ্ৰুত উন্নয়নৰ বাবে হোৱা চুক্তিখন অনাৰ কাম আজি দ্ৰুত গতিত চলি আছে। সেই চুক্তিৰ অধীনত আজি ইয়াত ১,০০০ কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। ডিগ্ৰী মহাবিদ্যালয় হওঁক, পশু চিকিৎসা মহাবিদ্যালয় হওঁক, কৃষি মহাবিদ্যালয় হওঁক, এই সকলো বোৰ প্ৰতিষ্ঠানে ইয়াত যুৱসকলক নতুন সুযোগ দিব। বন্ধুসকল, আজি অনুষ্ঠিত হোৱা আধাৰশিলা স্থাপন অনুষ্ঠানটো কেৱল এটা অট্টালিকাৰ আধাৰশিলা নহয়। এয়া কেৱল এখন মহাবিদ্যালয়, মহাবিদ্যালয়, প্ৰতিষ্ঠানৰ আধাৰশিলা নহয়। এইটো আমাৰ যৌৱনৰ উজ্জ্বল ভৱিষ্যতৰ আধাৰশিলা। এতিয়া উচ্চ শিক্ষাৰ বাবে সঠিক ব্যৱস্থা ৰখাৰ সৈতে, আনকি দৰিদ্ৰ পৰিয়ালবোৰৰ ভিতৰত আটাইতকৈ দৰিদ্ৰ পৰিয়ালেও তেওঁলোকৰ সন্তানক উন্নত শিক্ষা প্ৰদান কৰিবলৈ সক্ষম হ'ব। একে সময়তে, এই প্ৰতিষ্ঠানবোৰে ইয়াত কৃষক আৰু গৰু পালকসকলৰ বাবে উন্নত সুবিধা প্ৰদান কৰিবলৈ সক্ষম হ'ব। এই প্ৰকল্পসমূহৰ উপৰিও, অসম চৰকাৰে চুক্তিৰ অন্যান্য দিশবোৰৰ ওপৰত নিৰন্তৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। অস্ত্ৰ-শস্ত্ৰ এৰি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে উভতি অহা সহ-নাগৰিকসকলৰ পুনৰ্সংস্থাপনৰ বাবেও নিৰন্তৰ কাম কৰা হৈছে। মৰমৰ ভাই-ভনীসকল, স্বাধীনতাৰ অমৃত মহোৎসৱত দেশখনে গ্ৰহণ কৰা এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ হৈছে – অমৃত সৰোবৰ নিৰ্মাণৰ সৈতে সম্পৰ্কিত। ইমান ডাঙৰ লক্ষ্যৰে প্ৰতিখন জিলাতে কমেও ৭৫ টা অমৃত সৰোবৰ নিৰ্মাণৰ লক্ষ্য আজি দেশ আগবাঢ়ি ছে। কিছুদিন আগতে, মই ইয়াক জম্মু আৰু কাশ্মীৰৰ পৰা আৰম্ভ কৰিছিলো। মই সুখী যে আজি অসমতো ২৬০০ তকৈও অধিক অম্ৰুত সৰোবৰ নিৰ্মাণ কৰা হৈছে। এই হ্ৰদসমূহৰ নিৰ্মাণ সম্পূৰ্ণৰূপে মানুহৰ অংশগ্ৰহণৰ ওপৰত আধাৰিত। এনে হ্ৰদবোৰৰ আনকি জনজাতীয় সমাজত এক সমৃদ্ধ পৰম্পৰা আছে। ই কেৱল গাওঁবোৰত পানীৰ ভাণ্ডাৰ সৃষ্টি নকৰে, কিন্তু সেইবোৰ উপাৰ্জনৰ উৎসও হৈ পৰিব। অসমত, মাছ হৈছে খাদ্য আৰু জীৱিকাৰ এক গুৰুত্বপূৰ্ণ উৎস। মাছ খেতিৰ পৰাও এই অমৃত হ্ৰদবোৰৰ পৰা বহুতো লাভালাভ লাভ কৰিব। মৰমৰ ভাই-ভনীসকল, আপুনি সকলোৱে যোৱা দশকবোৰত বহুতো অসুবিধাৰ সৈতে দীঘলীয়া সময় অতিবাহিত কৰিছে। কিন্তু ২০১৪ চনৰ পৰা, উত্তৰ-পূৰ্বাঞ্চলৰ অসুবিধাবোৰ ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে, মানুহৰ বিকাশ হৈছে। আজি যেতিয়া কোনোবাই অসমৰ জনজাতীয় অঞ্চললৈ আহে, উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যলৈ যায়, পৰিস্থিতি সলনি হোৱা দেখিও ভাল লাগে। কাৰ্বি আংলং বা আন যিকোনো জনজাতীয় এলেকা, আমি উন্নয়ন আৰু বিশ্বাসৰ নীতিৰ ওপৰত কাম কৰি আছো। বন্ধুসকল, আপুনি ভালদৰে জানে, মই আপোনাৰ সমস্যা, এই ক্ষেত্ৰৰ সমস্যাবোৰ বুজিবলৈ চেষ্টা কৰিছোঁ, আপোনাৰ নিজৰ পৰিয়ালৰ সদস্য হিচাপে, আপোনাৰ নিজৰ পৰিয়ালৰ সদস্য হিচাপে, আপোনাৰ ভায়েকৰ দৰে, আপোনাৰ পুত্ৰ হিচাপে, আৰু আপুনি মোক জ্ঞানতকৈ হৃদয়তকৈ অধিক বুজাইছে। আপুনি প্ৰতিবাৰেই মোৰ হৃদয় স্পৰ্শ কৰিছে। ই মোৰ হৃদয় জয় কৰিছে। যেতিয়া আমি সকলোৱে, পৰিয়ালৰ সদস্য হিচাপে, এটা পৰিয়ালৰ দৰে সমাধান বিচাৰোঁ, ইয়াত এক সংবেদনশীলতা থাকে, বেদনা আৰু কষ্টৰ অনুভূতি থাকে, আমি আপোনাৰ সপোনবোৰ বুজি পাওঁ, আমি আপোনাৰ সংকল্পবোৰ বুজি পাওঁ। আপুনি আপোনাৰ নাকৰ অভিপ্ৰায়ক সন্মান কৰিবলৈ আপোনাৰ জীৱন অতিবাহিত কৰিবলৈ অনুভৱ কৰে। বন্ধুসকল, প্ৰতিজন মানুহ, আনকি অসমৰ এই দূৰৱৰ্তী অঞ্চলৰ লোকসকলৰওচৰ ওচৰত আকাংক্ষা আছে, মোৰ যুৱক-যুৱতীসকলেও আগবাঢ়িব বিচাৰে, আকাংক্ষা কৰে আৰু বুজিব বিচাৰে আৰু আপোনাৰ সপোনবোৰ পূৰণ কৰিব বিচাৰে, আপোনাৰ সপোনবোৰ আমাৰ সকলোৰে সংকল্প হৈ পৰে আৰু আমিও আপোনাৰ প্ৰতিটো সংকল্প পূৰণ কৰিবলৈ একেলগে কাম কৰি আছো আৰু আমিও এই কামৰ বাবে একেলগে কাম কৰি আছো। আপুনিও একত্ৰিত হৈছে, একেলগে আৰু আপুনি জিকিবলৈ গৈ আছে। মৰমৰ ভাই-ভনীসকল, আজি সমগ্ৰ দেশে বিগত বছৰবোৰত কেনেদৰে হিংসা, অৰাজকতা আৰু অবিশ্বাসৰ দশকপুৰণি সমস্যাবোৰ সমাধান কৰা হৈছে, কেনেদৰে পথ বিচাৰি উলিওৱা হৈছে সেয়া চাই আছে। এবাৰ এই ক্ষেত্ৰটোৰ বিষয়ে আলোচনা হৈছিল। কেতিয়াবা বোমাৰ শব্দ শুনা গৈছিল, কেতিয়াবা গুলীৰ শব্দ শুনা গৈছিল। আজি, প্ৰশংসা প্ৰতিধ্বনিত হৈছে। এটা উল্লাস আছে। যোৱা বছৰছেপ্তেম্বৰত কাৰ্বি আংলঙৰ কেইবাটাও সংগঠনে শান্তি আৰু উন্নয়নৰ পথত আগবাঢ়ি যোৱাৰ সংকল্পলৈ হাত মিলাইছে। ২০২০ চনত বড়ো চুক্তিয়ে স্থায়ী শান্তিৰ নতুন দুৱাৰ মুকলি কৰিছে। অসমৰ উপৰিও ত্ৰিপুৰাতো এনএলএফটিয়ে শান্তিৰ পথত পদক্ষেপ গ্ৰহণ কৰে। প্ৰায় আঢ়ৈ দশক ধৰি চলি থকা ব্ৰু-ৰেং সমস্যাটোও সমাধান কৰা হৈছিল। বাকী ঠাইবোৰতো, স্থায়ী শান্তিৰ বাবে আমাৰ প্ৰচেষ্টা নিৰন্তৰ, গুৰুত্বসহকাৰে চলি আছে। বন্ধুসকল, যিসকলে হিংসাৰ দ্বাৰা, অস্থিৰতাৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হৈছে, যিসকলে আটাইতকৈ বেছি কষ্ট পাইছে, যাৰ চকুপানী কেতিয়াও শুকাই যোৱা নাই। তেওঁলোক আমাৰ মাতৃ, আমাৰ ভগ্নী, আমাৰ সন্তান। আজি যেতিয়া মই যুৱক-যুৱতীসকলক তেওঁলোকৰ পৰিয়ালৰ সৈতে পৰিয়াললৈ অস্ত্ৰ-শস্ত্ৰ লৈ উভতি অহা দেখিছোঁ, আৰু যেতিয়া মই সেই মাতৃসকলৰ চকুলৈ চাওঁ, সেই মাতৃসকলৰ চকুত অনুভৱ কৰা আনন্দ, আনন্দৰ চকুপানী বৈ আহিবলৈ আৰম্ভ কৰে। মাতৃৰ জীৱনে এক সান্ত্বনা লাভ কৰে, সন্তুষ্টি থাকে, তাৰ পিছত মই ধন্য অনুভৱ কৰোঁ। আজি ইমান বৃহৎ সংখ্যক মাতৃ আৰু ভগ্নী ইয়ালৈ আহিছে, এই মাতৃসকল – ভগ্নীসকল ইয়ালৈ আহিছে, আশীৰ্বাদ দিছে, তেওঁলোকে শান্তিৰ প্ৰচেষ্টাকো নতুন শক্তি প্ৰদান কৰিছে, নতুন শক্তি প্ৰদান কৰিছে। এই অঞ্চলৰ জনসাধাৰণৰ উন্নত জীৱনৰ বাবে, ইয়াত থকা পুত্ৰ-কন্যাসকলৰ জীৱন, কেন্দ্ৰ আৰু ৰাজ্যৰ দ্বৈত ইঞ্জিন চৰকাৰে সম্পূৰ্ণ শক্তিৰে কাম কৰি আছে। তেওঁ নিষ্ঠাৰে কাম কৰি আছে, তেওঁ সেৱাৰ অনুভূতিৰে কাম কৰি আছে। মৰমৰ ভাই-ভনীসকল, অসমত চৰকাৰ আৰু সমাজৰ সামূহিক প্ৰচেষ্টাৰে উত্তৰ-পূৰ্বাঞ্চললৈ শান্তি ঘূৰি অহাৰ লগে লগে পুৰণি নিয়মবোৰো সলনি কৰা হৈছে। দীৰ্ঘদিন ধৰি, সশস্ত্ৰ বাহিনী বিশেষ শক্তি আইন ()) উত্তৰ-পূৰ্বাঞ্চলৰ বহুতো ৰাজ্যত চলি আহিছে। কিন্তু যোৱা ৮ বছৰত স্থায়ী শান্তি আৰু উন্নত আইন-শৃংখলাৰ বাবে, আমি উত্তৰ-পূৰ্বাঞ্চলৰ বহুতো অঞ্চলৰ পৰা এএফএছপিএ আঁতৰাই দিছো। যোৱা আঠ বছৰত, উত্তৰ-পূৰ্বাঞ্চলত হিংসাত্মক ঘটনা ৭৫% হ্ৰাস পাইছে। সেইকাৰণে এএফএছপিএক প্ৰথমে ত্ৰিপুৰাৰ পৰা আৰু তাৰ পিছত মেঘালয়ৰ পৰা আঁতৰোৱা হৈছিল। অসমত, এইটো তিনি দশক ধৰি বলবৎ আছিল। পৰিস্থিতিৰ উন্নতিৰ অভাৱৰ বাবে, পূৰ্বৰ চৰকাৰবোৰে ইয়াক বাৰে বাৰে আগুৱাই নিছিল। কিন্তু বিগত বছৰবোৰত, পৰিস্থিতিএনেদৰে চম্ভালি লোৱা হৈছে যে আজি অসমৰ ২৩ খন জিলাৰ পৰা এএফএছপিএ আঁতৰোৱা হৈছে। আন ক্ষেত্ৰতো, আমি পৰিস্থিতিটো দ্ৰুতগতিত স্বাভাৱিক কৰিবলৈ চেষ্টা কৰি আছো যাতে তাৰ পৰাও এএফএছপিএ আঁতৰ কৰিব পৰা যায়। নাগালেণ্ড আৰু মণিপুৰতো এই দিশত কাম অতি দ্ৰুতগতিত কৰা হৈছে। বন্ধুসকল, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত সমস্যাবোৰ সমাধান কৰা হৈছে, ৰাজ্যসমূহৰ মাজত দশকজুৰি চলি থকা সীমান্ত বিবাদবোৰো অতি সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰা হৈছে। মই আজি সোণোৱালী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন মুখ্যমন্ত্ৰীসকলক বিশেষ অভিনন্দন জনাইছো যে তেওঁলোকৰ প্ৰচেষ্টাৰে উত্তৰ-পূৰ্বাঞ্চল এতিয়া দেশৰ এক শক্তিশালী অৰ্থনৈতিক গোট হ'বলৈ সাজু হৈছে। সবকা সাথ, সবকা বিকাশৰ আত্মাৰ সৈতে আজি সীমান্ত সম্পৰ্কীয় সমস্যাসমূহৰ সমাধান বিচাৰি উলিওৱা হৈছে। অসম আৰু মেঘালয়ৰ মাজত হোৱা চুক্তিয়ে অন্যান্য বিষয়তো উৎসাহিত কৰিব। ই এই সমগ্ৰ অঞ্চলটোৰ উন্নয়নৰ আশা-আকাংক্ষাক শক্তিশালী কৰিব। মৰমৰ ভাই-ভনীসকল, বড়ো চুক্তি হওঁক বা কাৰ্বি আংলং চুক্তি হওঁক, স্থানীয় স্ব-শাসন হওঁক, আমি ইয়াৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছো। স্থানীয় চৰকাৰৰ প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰা, সেইবোৰঅধিক স্বচ্ছ কৰাৰ বাবে যোৱা ৭-৮ বছৰ ধৰি কেন্দ্ৰীয় চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টা হৈ আহিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ হওঁক বা আন স্থানীয় প্ৰতিষ্ঠান হওঁক, তেওঁলোকৰ এক ডাঙৰ দায়িত্ব আছে। কেন্দ্ৰ আৰু ৰাজ্যৰ আঁচনিসমূহ দ্ৰুত গতিত গাওঁৰ পৰা গাওঁলৈ লৈ যোৱাৰ এক বৃহৎ দায়িত্বও এই প্ৰতিষ্ঠানসমূহৰ সহায়ত পূৰণ কৰা হ'ব। ৰাজহুৱা সুবিধা, জনকল্যাণ আৰু জনসাধাৰণৰ অংশগ্ৰহণ আমাৰ সকলোৰে প্ৰাথমিকতা। মৰমৰ ভাই-ভনীসকল, ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে ৰাজ্যখনৰ উন্নয়ন আৰু ৰাজ্যখনৰ উন্নয়নৰ বাবে গাওঁখনৰ উন্নয়ন, চহৰসমূহৰ উন্নয়ন অতি প্ৰয়োজনীয়। স্থানীয় পৰিস্থিতি অনুসৰি স্থানীয় প্ৰয়োজনীয়তা অনুসৰি উন্নয়নৰ পৰিকল্পনা প্ৰস্তুত কৰা হ'লেহে গাওঁবোৰৰ সঠিক বিকাশ সম্ভৱ হয় আৰু সেইবোৰ সম্পূৰ্ণৰূপে ৰূপায়ণ কৰা হয়। সেয়েহে বিগত বছৰবোৰত, কেন্দ্ৰৰ আঁচনিবোৰত, আমি স্থানীয় প্ৰয়োজনীয়তাৰ যথেষ্ট যত্ন লৈছো। এতিয়া, যেন দৰিদ্ৰ লোকসকলৰ বাসস্থানসম্পৰ্কীয় আঁচনি আছে, যিবোৰ আগতে চলিছিল, তেওঁলোকৰ মানচিত্ৰৰ পৰা সামগ্ৰীলৈকে সকলোবোৰ দিল্লীত সিদ্ধান্ত লোৱা হৈছিল। যদিও কাৰ্বি আংলঙৰ দৰে জনজাতীয় অঞ্চলৰ পৰম্পৰা পৃথক, ঘৰ নিৰ্মাণৰ সৈতে সম্পৰ্কিত সংস্কৃতি পৃথক, সামগ্ৰীৰ উপলব্ধতা পৃথক। সেয়েহে, প্ৰধানমন্ত্ৰী আৱাস যোজনাত কৰা এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আছিল যে ধনখিনি পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ যাব। ইয়াৰ পিছত, সেই হিতাধিকাৰীজনে, তেওঁৰ পচন্দ অনুসৰি, তেওঁৰ নিজৰ ইচ্ছা অনুসৰি, তেওঁ নিজৰ ঘৰ নিৰ্মাণ কৰিব আৰু চিনা টাঙ্কাৰৰ পৃথিৱীক ক'ব যে মোৰ এটা ঘৰ আছে, মই ইয়াক নিৰ্মাণ কৰিছো। আমাৰ বাবে এই প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰৰ অনুগ্ৰহৰ কাৰ্যসূচী নহয়। আমাৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা হৈছে দৰিদ্ৰলোকৰ সপোনৰ প্ৰাসাদ গঢ়ি তোলাৰ সপোন, দৰিদ্ৰলোকৰ ইচ্ছা অনুসৰি ইয়াক গঢ়ি তোলাৰ সপোন। গাওঁখনৰ উন্নয়নত গাওঁখনৰ জনসাধাৰণৰ অধিক অংশগ্ৰহণৰ এই অনুভৱ প্ৰতিটো ঘৰৰ পানী আঁচনিতো আছে। ঘৰে ঘৰে পাইপৰ পৰা গৈ থকা পানী, গাওঁখনৰ পানী সমিতিয়ে পৰিচালনা কৰিব লাগে, আৰু সেইটোতো, সমিতিবোৰত বেছিভাগ মাতৃ আৰু ভগ্নী থাকে। কিয়নো পানীৰ গুৰুত্ব কি যে মাতৃ – ভগ্নীসকলে তেওঁলোকৰ দৰে বুজি নাপায়, ইমান পুৰুষে বুজি নাপায় আৰু সেয়েহে আমি মাতৃ আৰু ভগ্নীসকলক কেন্দ্ৰত ৰাখি পানীৰ আঁচনিবোৰক শক্তি প্ৰদান কৰিছো। মোক কোৱা হৈছে যে এই আঁচনিখন আৰম্ভ হোৱাৰ আগতে, গাওঁৰ ২ শতাংশতকৈও কম পৰিয়ালে ইয়াত পাইপযোগে পানী পাইছিল। এতিয়া প্ৰায় ৮০ শতাংশ পৰিয়ালে পাইপযুক্ত পানীৰ সুবিধা লাভ কৰিছে। মই নিশ্চিত যে অতি সোনকালেই পাইপৰ জৰিয়তে অসমৰ প্ৰতিটো ঘৰত পানী আহিবলৈ আৰম্ভ কৰিব। মৰমৰ ভাই-ভনীসকল, জনজাতীয় সমাজৰ সংস্কৃতি, ইয়াত ভাষা, ইয়াত ৰন্ধনপ্ৰণালী, ইয়াত থকা কলা, ইয়াত হস্তশিল্প, এই সকলোবোৰ কেৱল ইয়াতেই নহয়, সেইবোৰ মোৰ হিন্দুস্তানৰ ঐতিহ্য। প্ৰতিজন ভাৰতীয়ই আপোনাৰ আৰু অসমৰ এই ঐতিহ্যক লৈ গৌৰৱান্বিত, প্ৰতিখন জিলা, প্ৰতিটো অঞ্চল, অসমৰ প্ৰতিটো জনজাতি এই অঞ্চলত যথেষ্ট সমৃদ্ধ। ইয়াত সাংস্কৃতিক ঐতিহ্যই ভাৰতক সংযোগ কৰিছে, এক ভাৰতে শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱ শক্তিশালী কৰিছে। সেয়েহে, জনজাতীয় কলা-সংস্কৃতি, কলা-শিল্পকলা সংৰক্ষণ কৰা, তেওঁলোকক ভৱিষ্যত প্ৰজন্মলৈ লৈ যোৱাৰ ব্যৱস্থা কৰাটো কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টা হৈ আহিছে। আজি সমগ্ৰ দেশতে নিৰ্মাণ কৰা জনজাতীয় সংগ্ৰহালয়সমূহ, জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ নামত বিকশিত কৰা সংগ্ৰহালয়সমূহৰ আঁৰত এই ধাৰণাটোও আছে। কেন্দ্ৰীয় চৰকাৰ, জনজাতীয় প্ৰতিভা, জনজাতীয় সমাজৰ স্থানীয় উৎপাদনকো উৎসাহিত কৰা হৈছে। কাৰ্বি আংলংকে ধৰি সমগ্ৰ অসমতে হস্ততাঁতৰ কপাহৰ কাপোৰ, বাঁহ, কাঠ আৰু ধাতুৰ বাচন-বৰ্তন, অন্যান্য শিল্পকলাৰ এক অতি আশ্চৰ্যকৰ প্ৰথা আছে। এই স্থানীয় সামগ্ৰীবোৰৰ বাবে কণ্ঠস্বৰ থকাটো অতি গুৰুত্বপূৰ্ণ। এই সামগ্ৰীবোৰ দেশ আৰু বিশ্বৰ বজাৰত উপনীত হয়, প্ৰতিটো ঘৰত উপস্থিত হয়, ইয়াৰ বাবে, চৰকাৰে সকলো প্ৰয়োজনীয় মঞ্চ প্ৰস্তুত কৰি আছে আৰু ইয়াৰ বাবে, দূৰৱৰ্তী অৰণ্যত বাস কৰা মোৰ ভাই-ভনীসকল, কলাৰ সৈতে সম্পৰ্কিত মোৰ ভাই-ভনী, হস্তশিল্পৰ সৈতে সম্পৰ্কিত ভাই-ভনীসকল, মই সকলো ঠাইলৈ যাওঁ আৰু আপোনাৰ সৈতে কথা পাওঁ। স্থানীয়ৰ বাবে কণ্ঠস্বৰে সকলোতে কথা কয়। কিয়নো আপুনি যি কৰে, তেওঁক হিন্দুস্তানৰ ঘৰত স্থান পাবলৈ দিয়ক, পৃথিৱীত তেওঁৰ সন্মান বৃদ্ধি কৰক। বন্ধুসকল, স্বাধীনতাৰ এই অমৃত কালত কাৰ্বি আংলঙেও শান্তি আৰু উন্নয়নৰ এক নতুন ভৱিষ্যতৰ দিশে আগবাঢ়িছে। আমি ইয়াৰ পৰা পিছলৈ ঘূৰি চাব নালাগে। আগন্তুক বছৰবোৰত, আমি একেলগে যোৱা কেইটামান দশকত কৰিব নোৱাৰা উন্নয়নৰ ক্ষতিপূৰণ দিব লাগিব। অসমৰ উন্নয়নৰ প্ৰচেষ্টাত আমি সম্পূৰ্ণৰূপে আপোনাৰ সৈতে আছো। মই আকৌ এবাৰ আপোনাক ইমান ডাঙৰ সংখ্যাত আশীৰ্বাদ কৰিবলৈ আহিছোঁ। মই আপোনাক আকৌ এবাৰ আশ্বাস দিছো, মই আগতেও কৈছিলো, এয়া আপোনাৰ প্ৰেম, মই এই প্ৰেমক আগ্ৰহেৰে ঘূৰাই দিম। মই উন্নয়নলৈ উভতি আহিম, মই আপোনালোকক শুভকামনা জনাইছো। কাৰ্দম! ধন্যবাদ ! ভাৰত মাতা কী – জয় ভাৰত মাতা কী – জয় ভাৰত মাতা কী – জয় বহুত ধন্যবাদ! কাৰ্দম!
অসমৰ ডিফুত শান্তি আৰু উন্নয়ন ৰেলীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%98%E0%A6%BE%E0%A6%9F/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%98%E0%A6%BE%E0%A6%9F/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজঘাটত মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে পুষ্পাঞ্জলি জ্ঞাপন কৰে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; "ৰাজঘাটত মহাত্মা গান্ধীক পুষ্পাঞ্জলি জ্ঞাপন কৰোঁ। তেওঁৰ আদৰ্শ বিশ্বব্যাপী প্ৰতিধ্বনিত হৈছে আৰু তেওঁৰ চিন্তাই লাখ লাখ লোকক শক্তি প্ৰদান কৰিছে। #GandhiJayanti "
প্ৰধানমন্ত্ৰীয়ে ৰাজঘাটত মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে পুষ্পাঞ্জলি জ্ঞাপন কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%B8%E0%A6%AE%E0%A6%97%E0%A7%8D%E0%A7%B0-%E0%A6%AD/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%B8%E0%A6%AE%E0%A6%97%E0%A7%8D%E0%A7%B0-%E0%A6%AD/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ প্ৰতি জনসাধাৰণৰ উৎসাহৰ উদাহৰণ শ্বেয়াৰ কৰিছে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়- “অতি নানন্দিক দৃশ্য! দেশৰ মাটি, পানী আৰু আকাশত ত্ৰিৰংগাৰ ৰং দেখি প্ৰতিজন ভাৰতীয়ই সুখী। #হৰ ঘৰ ত্ৰিৰংগা” “এই সুন্দৰ মুহূৰ্তৰ বাবে ধন্যবাদ!” ত্ৰিৰংগাৰ প্ৰতি থকা অতুলনীয় সন্মানৰ এই সাহসী দৃশ্যই ভাৰতীয়সকলৰ উৎসাহ আৰু উদ্যম প্ৰকাশ কৰিছে। #হৰ ঘৰ ত্ৰিৰংগা” “চকুত লগা! ভাৰতৰ ভৱিষ্যৎ নেতাৰে ভৰা এনে ত্ৰিৰংগা যাত্ৰাই সকলোকে দেশপ্ৰেমৰ মনোভাৱেৰে ভৰাই তুলিবলৈ গৈ আছে। #হৰ ঘৰ ত্ৰিৰংগা” “এয়া বিশাখাপট্টনমবাসীৰ এক বৃহৎ সামূহিক প্ৰচেষ্টা। # হৰ ঘৰ ত্ৰিৰংগাৰ প্ৰতি থকা উৎসাহৰ মই প্ৰশংসা কৰিছো।” “লাডাখত এক উৎকৃষ্ট প্ৰচেষ্টা দেখিছো, যিয়ে হৰ ঘৰ ত্ৰিৰংগা আন্দোলনৰ মনোভাৱক আগুৱাই নিব।”
প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ ভাৰতৰ পৰা হৰ ঘৰ ত্ৰিৰংগাৰ বিভিন্ন মুহূৰ্ত শ্বেয়াৰ কৰে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%B8%E0%A6%B9%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%80/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%B8%E0%A6%B9%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%80/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আগতে নতুন দিল্লীৰ সুষমা স্বৰাজ ভৱনত সহকাৰী সচিব কাৰ্যসূচী, ২০২২ৰ সামৰণি অধিৱেশনত ২০২০ বৰ্ষৰ আইএএছ বিষয়াসকলক সম্বোধন কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিষয়াসকলে অমৃত কালৰ সময়ত দেশৰ সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰিছে আৰু পঞ্চ পণক উপলব্ধি কৰাত সহায় কৰিছে। তেওঁ কয় যে অমৃত কালত উন্নত ভাৰতৰ লক্ষ্যত উপনীত হোৱাটো নিশ্চিত কৰাত বিষয়াসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁ তেওঁলোকৰ প্ৰচেষ্টাত বাহ্যিক চিন্তাধাৰা আৰু এক সামগ্ৰিক দৃষ্টিভংগী গ্ৰহণৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ এনে এক সামগ্ৰিক দৃষ্টিভংগীৰ তাৎপৰ্য প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰী গতিশক্তি মাষ্টাৰ প্লেনৰ উদাহৰণ দাঙি ধৰে। প্ৰধানমন্ত্ৰীয়ে উদ্ভাৱনৰ গুৰুত্ব আৰু ই কেনেকৈ দেশৰ এক সামূহিক প্ৰচেষ্টা আৰু কৰ্ম সংস্কৃতিৰ অংশ হৈ পৰিছে সেই সন্দৰ্ভত আলোচনা কৰে। তেওঁ ষ্টাৰ্ট-আপ ইণ্ডিয়া আঁচনিৰ বিষয়ে উল্লেখ কৰে আৰু যোৱা কেইবছৰমানত দেশত ষ্টাৰ্টআপৰ সংখ্যা কেনেদৰে যথেষ্ট বৃদ্ধি পাইছে সেই বিষয়েও উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে কেইবাটাও মন্ত্ৰালয়ৰ যৌথ প্ৰচেষ্টাত তথা 'সম্পূৰ্ণ চৰকাৰ' দৃষ্টিভংগীৰ জৰিয়তে দল হিচাপে কাম কৰাৰ বাবে এইটো সম্ভৱ হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কেনেকৈ শাসনৰ গুৰুত্ব দিল্লীৰ বাহিৰত দেশৰ সকলো অঞ্চললৈ স্থানান্তৰিত হৈছে। তেওঁ দিল্লীৰ বাহিৰৰ ঠাইবোৰৰ পৰা এতিয়া কিমান গুৰুত্বপূৰ্ণ আঁচনি আৰম্ভ কৰা হৈছে তাৰ উদাহৰণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক কৰ্মক্ষেত্ৰৰ স্থানীয় সংস্কৃতিৰ বিষয়ে বুজাবুজি বিকশিত কৰিবলৈ আৰু ভূমি পৰ্যায়ত স্থানীয় লোকসকলৰ সৈতে তেওঁলোকৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ তেওঁলোকক ৱান ডিষ্ট্ৰিক্ট ৱান প্ৰডাক্টৰ ওপৰত গুৰুত্ব দিবলৈ তথা তেওঁলোকৰ জিলাৰ সামগ্ৰী ৰপ্তানিৰ সুযোগ অন্বেষণ কৰিবলৈ কয়। তেওঁ বিষয়াসকলক প্ৰত্যাশী জিলা কাৰ্যসূচীৰ বাবে তেওঁলোকৰ কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈও কয়। এমজিএনৰেগাৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে আঁচনিখন অধিক কাৰ্যকৰী ভাৱে ৰূপায়ণ কৰাৰ কথা উল্লেখ কৰে। তেওঁ জন অংশীদাৰী সত্বাৰ তাৎপৰ্য সম্পৰ্কেও উল্লেখ কৰে আৰু কয় যে এই পদ্ধতিয়ে পুষ্টিহীনতাৰ মোকাবিলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। ইয়াৰ পূৰ্বে জন ধন যোজনাৰ সফলতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ডিজিটেল অৰ্থনীতিৰ গুৰুত্বৰ কথা উল্লেখ কৰে আৰু বিষয়াসকলক সমগ্ৰ গাঁৱৰ লোকসকলক ডিজিটেল অৰ্থনীতি আৰু ইউপিআইৰ সৈতে সংযোগ কৰাৰ চেষ্টা কৰিবলৈ আহ্বান জনায়। তদুপৰি, দেশৰ সেৱাৰ গুৰুত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে নিজৰ কৰ্তব্য পালনৰ তাৎপৰ্যৰ বিষয়ে উল্লেখ কৰি কয় যে 'ৰাজপথ'ৰ মানসিকতা এতিয়া 'কৰ্তব্য পথ'ৰ অনুভূতিলৈ পৰিৱৰ্তন হৈছে। কাৰ্যসূচীৰ সময়ত সহকাৰী সচিবসকলে প্ৰধানমন্ত্ৰীক আঠটা বিষয় উপস্থাপন কৰে। এই উপস্থাপনবোৰৰ বিষয়বোৰৰ ভিতৰত আছিল পোষণ ট্ৰেকাৰ: পোষণ অভিযানৰ উন্নত নিৰীক্ষণৰ সঁজুলি; ভাষিণীৰ জৰিয়তে বহুভাষিক কণ্ঠস্বৰ আধাৰিত ডিজিটেল প্ৰৱেশাধিকাৰ সক্ষম কৰা; কৰ্পোৰেট ডাটা ব্যৱস্থাপনা; মাতৃভূমি জিঅ'পৰ্টেল – ইণ্টিগ্ৰেটেড নেচনেল জিঅ'পৰ্টেল অৱ ইণ্ডিয়া ফৰ গভৰ্ণেঞ্চ; সীমান্ত পথ সংস্থাৰ (বিআৰঅ’) পৰ্যটন সম্ভাৱনা, ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ (আইপিপিবি) জৰিয়তে ডাকঘৰৰ অৱস্থা সলনি কৰা, প্ৰাচীৰৰ দৰে কৃত্ৰিম গাঁথনিৰ জৰিয়তে উপকূলীয় মীন পালনৰ বিকাশ; আৰু সংকুচিত জৈৱ গেছ – ভৱিষ্যতৰ বাবে ইন্ধন। এই বছৰ, ১১.০৭.২০২২ ৰ পৰা ০৭.১০.২০২২ লৈ ভাৰত চৰকাৰৰ ৬৩ টা মন্ত্ৰালয়/বিভাগত ২০২০ বৰ্ষৰ মুঠ ১৭৫ জন আইএএছ বিষয়াক সহকাৰী সচিব হিচাপে নিযুক্তি দিয়া হৈছে।
প্ৰধানমন্ত্ৰীয়ে সহকাৰী সচিব কাৰ্যসূচী, ২০২২-ৰ সমাপ্তি অধিৱেশনত ২০২০ বৰ্ষৰ আইএএছ বিষয়াসকলক সম্বোধন কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%95%E0%A7%81%E0%A7%B1%E0%A7%87%E0%A6%87%E0%A6%9F%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%95%E0%A7%81%E0%A7%B1%E0%A7%87%E0%A6%87%E0%A6%9F%E0%A7%B0/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কুৱেইটৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাত মহামহিম শ্বেখ আহমদ নৱাফ আল আহমেদ আল-শাবাহক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰে: “কুৱেইটৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাত মহামহিম শ্বেখ আহমদ নৱাফ আল আহমেদ আল-শাবাহক মোৰ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। তেওঁৰ সৈতে কাম কৰি আমাৰ সুন্দৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰ আৰু প্ৰসাৰিত কৰিবলৈ মই বাট চাই আছো।”
প্রধানমন্ত্রীয়ে কুৱেইটৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাত মহামহিম শ্বেখ আহমদ নৱাফ আল আহমেদ আল-শাবাহক অভিনন্দন জনা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A8-%E0%A6%B8%E0%A6%BE%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%BF%E0%A6%95-%E0%A6%B8%E0%A7%81%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A8-%E0%A6%B8%E0%A6%BE%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%BF%E0%A6%95-%E0%A6%B8%E0%A7%81%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A7%B0/
এয়া তেওঁলোক যিসকলে সময় থাকোতেই বুদ্ধিমতাৰে পদক্ষেপ গ্ৰহণ কৰিলে আৰু জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বানৰ বাবে নিজকে প্ৰস্তুত কৰিলে৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে আজি যি কথা কোৱা হ’ব সেয়া দেশৰ কোটি কোটি লোকক প্ৰেৰণা প্ৰদান কৰিব৷ আমি সকলোৱে জানো যে জীৱনত এটা কথা সম্পূৰ্ণ নিশ্চিত, সেয়া হ’ল জীৱনৰ অনিশ্চয়তা৷ আমাৰ মাজৰ কোনেও নাজানে যে আহিবলগীয়া দিন, আহিবলগীয়া সময়ে আমাৰ জীৱনলৈ কি লৈ আনিব? সামাজিক সুৰক্ষা যোজনা জীৱনৰ অনিশ্চয়তা আৰু পৰিস্থিতিসমূহৰ সৈতে যুঁজিবলৈ আৰু সেই যুঁজত জিকিবলৈ সাহস প্ৰদান কৰে৷ আৰু এই সাহস দেশৰ কোটি সংখ্যক লোকলৈ প্ৰেৰিত হয়৷ সেয়া লাগিলে প্ৰধানমন্ত্ৰী জীৱন বীমা যোজনাই হওক, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাই হওক, অটল পেন্সন যোজনা অথবা প্ৰধানমন্ত্ৰী বয় বন্দনা যোজনাই হওক৷ জন সুৰক্ষা যোজনা সাধাৰণ লোক আৰু বিশেষকৈ আৰ্থিকভাৱে পিছপৰা লোকক শক্তি প্ৰদান কৰিছে৷ যাৰ দ্বাৰা সংকটৰ সময়ত যাতে তেওঁলোকে শক্তিশালীভাৱে থিয় হৈ থাকিব পাৰে, জীৱনত যাতে নাহাৰে৷ যেতিয়া আমাৰ চৰকাৰ গঠন হ’ল, আমি শাসনভাৰলৈ আহিলো তেতিয়া আৰ্থিক সাহায্য দূৰৰে কথা, দুখীয়া লোকৰ নিজাকৈ এটা বেংক একাউণ্টো নাছিল৷ আমি তিনিটা কথাত জোৰ দিলো– দলিত, পীড়িত, শোষিত, বঞ্চিত, আদিবাসী, মহিলা; এই সকলোৰে সৱলীকৰণ কৰাৰ বাবে বেংকিং সুবিধাৰ পৰা বঞ্চিত জনসাধাৰণক বেংকৰ সুবিধা প্ৰদান কৰা৷ লঘূ উদ্যোগ আৰু ক্ষুদ্ৰ ব্যৱসায়ীক বিত্তীয় সাহায্য প্ৰদান কৰা আৰু বিত্তীয়ভাৱে অসুৰক্ষিত লোকক আৰ্থিক সুৰক্ষা প্ৰদান কৰা, অৰ্থাৎ বেংকিং আৰু অ–বেংকিং, বিত্ত পোষিত আৰু বিত্ত–অপোষিত তথা বিত্তীয় ভাৱে সুৰক্ষিত আৰু অসুৰক্ষিত৷ আৰু আপোনালোক জানি সুখী হ’ব যে বিশ্ব বেংকৰ ফিনটেক্স প্ৰতিবেদনত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী জন ধন যোজনা এক সফল বিত্তীয় সমাপন কাৰ্যসূচী আছিল য’ত তিনিটা বৰ্ষত ২০১৪ৰ পৰা ২০১৭ৰ কালচোৱাত ২৮ কোটি নতুন বেংক একাউণ্ট খোলা হৈছে৷ এই সংখ্যা এই সময়চোৱাৰ ভিতৰত সমগ্ৰ বিশ্বতে খোলা একাউণ্টৰ সংখ্যাৰ ৫৫ শতাংশ–আধাতকৈও অধিক৷ প্ৰথমে আমাৰ ইয়াত কোৱা হৈছিল– এফালে ৰাম, এফালে গাঁও অৰ্থাৎ এফালে সমগ্ৰ হিন্দুস্তান আৰু এফালে সমগ্ৰ বিশ্ব৷ ইয়াৰোপৰি প্ৰতিবেদনত কোৱা হৈছিল যে ভাৰতত বেংক একাউণ্ট খোলা লোকৰ সংখ্যা ২০১৪ত অৰ্থাৎ আমাৰ চৰকাৰ গঠন হোৱাৰ পূৰ্বে প্ৰায় ৫০–৫২ শতাংশ আছিল৷ এতিয়া এই তিনি বছৰত ৮০ শতাংশ অতিক্ৰম কৰিছে৷ আৰু বিশেষভাৱে মহিলাৰ বেংক একাউণ্টৰ সংখ্যা বৃদ্ধি হৈছে৷ বৰ্ষজুৰি এই কথা কোৱা হৈছে যে বিভিন্ন দেশত সামাজিক সুৰক্ষাৰ ব্যৱস্থা আছে, কিন্তু ভাৰতত নাই৷ যেতিয়া আমি চৰকাৰ গঠন কৰিছিলো তেতিয়া অৱস্থা এনে আছিল যে দেশৰ জনসাধাৰণ সামাজিক সুৰক্ষাৰ পৰা বঞ্চিত আছিল৷ এয়া সত্য যে ভাৰতত পৰম্পৰাগত ৰূপত যৌথ পৰিয়ালৰ ব্যৱস্থা আছিল৷ এটা এটা পৰিয়ালত ২০–২০, ২৫–২৫, ৩০–৩০ জন লোক একেলগে আছিল, সেয়ে সামাজিক ব্যৱস্থা সুৰক্ষিত আছিল৷ কিন্তু এতিয়া পৰিয়াল সৰু হ’ল, বৃদ্ধ মা–দেউতা পৃথককৈ থকা হ’ল, সন্তান পৃথক হ’ল৷ সামাজিক ব্যৱস্থা পৰিৱৰ্তন হ’ল৷ আমি এই স্থিতি পৰিৱৰ্তন কৰাৰ বাবে, এই নতুন পৰিস্থিতিত সুৰক্ষা প্ৰদান কৰাৰ বাবে আজি প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত জীৱন সামৰি ল’বলৈ ৰুপে’ কাৰ্ড, দুৰ্ঘটনা ক’ভাৰৰ জৰিয়তে বীমাৰ সুবিধা উপলদ্ধ কৰোৱা হৈছে৷ ইয়াৰ সৈতে সামাজিক সুৰক্ষাৰ অধীনত দুটা বীমা আৰু এটা পেন্সন যোজনা আৰম্ভ কৰা হৈছে৷ ইয়াৰ ফলস্বৰূপে ২০১৪ত য’ত চৰকাৰৰ বীমা যোজনাৰ অধীনত কেৱল ৪ কোটি ৮০ লাখ অৰ্থাৎ ৫ কোটিতকৈও কম হিতাধিকাৰী আছিল, আজি সামাজিক সুৰক্ষাৰ অন্তৰ্গত এই সংখ্যা দহ গুণতকৈও অধিক বৃদ্ধি হৈ প্ৰায় ৫০ কোটি হিতাধিকাৰী অতিক্ৰম কৰিছে৷ সামাজিক সুৰক্ষাৰ অন্তৰ্গত আৰম্ভ কৰা যোজনা ভিন্ন ভিন্ন পৰিস্থিতিৰ বাবে হয়৷ আৰু বহু কম প্ৰিমিয়ামত আৰম্ভ কৰা হৈছে৷ যাতে দেশত প্ৰতিটো ক্ষেত্ৰত সকলো বয়সৰ লোকে ইয়াৰ লাভ প্ৰাপ্ত কৰিব পাৰে৷ মই আজি যিসকল লোকৰ সৈতে কথা পাতিম– মই জানো যে এই যোজনা এনেকুৱা যে যাৰ সৈতে দুখজনক পৰিস্থিতি হৈছে, কিন্তু তেওঁলোকে এই সংকটৰ মুহূৰ্তত ধৈৰ্য সহকাৰে অতিক্ৰম কৰিছে, তেওঁলোকে এই যোজনাৰ দ্বাৰা লাভান্বিত হৈছে৷ যেতিয়া তেওঁলোকৰ কথা আমাৰ দেশৰ সহজ–সৰল দুখীয়া নাগৰিকে শুনে তেতিয়া তেওঁলোকৰ বিশ্বাস বৃদ্ধি হৈ এনেকুৱা অনুভৱ হয় যে, এই যোজনাৰ পৰা মোৰো লাভ হ’ব লাগে৷ আৰু সেইবাবে এক প্ৰকাৰ দুখক বাৰে বাৰে সম্বৰণ কৰিলেও দুখ প্ৰাপ্ত হয়, কিন্তু কেতিয়াবা কেতিয়াব কোনো ব্যক্তিৰ দুখত, কঠিন সময়ত যি সাহায্য প্ৰাপ্ত হয়, সেয়া অন্য মানুহে গম পালে তেওঁলোকে সাম্ভাৱ্য সংকটৰ পৰা হাত সৰাৰ উপায় বিচাৰিব পাৰে৷ মোৰ মৰমৰ দেশবাসী! আপোনালোকে দেখিছে যে এই ঘটনাসমূহ শুনি আমাৰ সকলোৰে কিমান দুখ লাগে কিন্তু কোনো ব্যক্তিৰ মৃত্যু হ’লে তেওঁৰ পৰিয়ালৰ যি ক্ষতি হয় সেয়া ক্ষতিপূৰণ কোনেও কৰিব নোৱাৰে৷ স্বয়ং ভগৱানেও কৰিব নোৱাৰে৷ কিন্তু এনেকুৱা কঠিন পৰিস্থিতিত পৰিয়ালক আৰ্থিক সম্বল প্ৰদানৰ বাবে যদি তেওঁ কিছু সময় টলকিব পাৰে তেন্তে নিজৰ পথ নিৰূপণ কৰিব পাৰে৷ আৰু এই উদ্দেশ্যেই প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰম্ভ কৰা হৈছে৷ এই যোজনাৰ অধীনত কেৱল, মই বুজি পাওঁ, দেশবাসীয়েও এই কথাষাৰ বুজি পাওক, যে কেৱল ৩৩০ টকা, ইয়াৰ দ্বাৰা ২ লাখ টকাৰ বীমাৰ সুবিধা প্ৰাপ্ত কৰিব পাৰি৷ প্ৰতি বছৰে ৩৩০ টকা, এদিনত এটকাত কৈও কম৷ অৰ্থাৎ ইমান কম টকাত আজি বজাৰত একো নাপায়৷ এই সময়ত ইয়াৰ লাভ কিদৰে প্ৰাপ্ত কৰিব পাৰি৷ এই যোজনাৰ দ্বাৰা এতিয়া পৰ্যন্ত পাঁচ কোটি লোকে ইয়াৰ সুবিধা লাভ কৰিছে আৰু দুৰ্যোগৰ সময়ত লোকে কোটি টকাৰ দাবীও প্ৰাপ্ত কৰিছে৷ আহক, কিছু লোক আমাৰ সৈতে জড়িত আছে৷ আমি তেওঁলোকৰ কাষলৈ যাওঁ, তেওঁলোকৰ কথা শুনো৷ আমি সকলোৱে জানো যে বিপদ আগজাননী দি নাহে৷ কেতিয়াও বাৰ্তা দি দুৰ্যোগ নাহে আৰু দুৰ্যোগ আপুনি ধনী হ’লে আহিব, দুখীয়া হ’লে নাহে আৰু দুখীয়া হ’লে আহিব আৰু ধনী হ’লে নাহে, এনেকুৱা নহয়৷ এয়া যেতিয়াই তেতিয়াই আহিব পাৰে৷ কিন্তু আমি এই দুৰ্যোগৰ সন্মুখীন হ’বলৈ নিজকে প্ৰস্তুত ৰাখিব পাৰোঁ, আৰ্থিক সুৰক্ষা সুনিশ্চিত কৰিব পাৰোঁ৷ প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা এই উদ্দেশ্যৰে কৰা হৈছিল৷ ইয়াৰ অধীনত ১২ টকা অৰ্থাৎ প্ৰতিমাহত ১ টা প্ৰিমিয়ামত ২ লাখ টকাৰ বীমাৰ সুবিধা প্ৰাপ্ত কৰিব পাৰি৷ এতিয়ালৈ এই যোজনাত প্ৰায় ১৩–১৪ কোটিতকৈও অধিক লোক জড়িত হৈছে৷ এই সংখ্যা অৰ্থাৎ ১৩–১৪ কোটি, যদি বিশ্বত আমি মেক্সিক’ দেশ প্ৰত্যক্ষ কৰোঁ অথবা জাপান দেশ প্ৰত্যক্ষ কৰোঁ তেন্তে সেই দেশৰ মুঠ জনসংখ্যা যিমান, তাতকৈও অধিক আমাৰ বীমাকৃত লোকৰ সংখ্যা৷ ইমান ব্যাপক কভাৰেজ আৰু ইমান কম সময়ত ইমান সংখ্যক লোক ইয়াৰ সৈতে জড়িত হোৱাই এয়া প্ৰদৰ্শিত কৰে যে জনসাধাৰণৰ মাজত বীমা আৰু সেইসমূহৰ লাভক লৈ যথেষ্ট আগ্ৰহ বৃদ্ধি পাইছে৷ যেতিয়া কোনো ব্যক্তিৰ সৈতে কোনো সংকট হয় তেন্তে তেওঁৰ সম্পূৰ্ণ পৰিয়াললৈ সংকট নামি আহে৷ সকলো সপোন বিধ্বস্ত হৈ পৰে৷ সকলো আঁচনি বিনষ্ট হৈ পৰে৷ ইয়াৰ পিছতো দেখা গৈছে যে বহু লোকে বীমাক অৱজ্ঞা কৰে৷ কেতিয়াবা এনেকুৱাও হয় যে বীমা কৰিম, বহু সময় আছে, প্ৰয়োজন কি, এনেধৰণৰ ঘটনা ঘটে৷ আজি সমগ্ৰ দেশে প্ৰত্যক্ষ কৰিছে আৰু মই বিচাৰিছোঁ যে বীমাক লৈ থকা এনে মানসিকতা পৰিত্যাগ কৰক৷ অধিকতম লোত সামাজিক সুৰক্ষাৰ যোজনাৰ সৈতে সংবদ্ধ হওক৷ কিছু বৰ্ষ পূৰ্বে দৈনিক উপাৰ্জন কৰা লোক আৰু দৈনিক উপাৰ্জন কৰি খোৱা লোকৰ বীমাৰ বাবে কোনেও চিন্তা কৰা নাছিল আৰু ইয়াৰ কাৰণ আছিল বীমাৰ প্ৰিমিয়ামৰ প্ৰয়োজনীয় ধনৰাশি৷ তেওঁ দৈনিক উপাৰ্জনৰে আজিৰ দিনটোৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নে ভৱিষ্যতৰ চিন্তাত ব্যয় কৰিব সেই লৈ দুঃচিন্তাত পৰিছল৷ যিসকল লোকে শাক–পাচলিৰ ঠেলা চলাইছিল, অটো ৰিক্সা চলাইছিল অথবা শ্ৰম কৰিছিল তেওঁলোকৰ বাবে বীমাৰ কথা চিন্তা কৰাটো অসম্ভৱ আছিল৷ আজি সেই অসম্ভৱ সম্ভৱলৈ পৰিণত হ’ল আৰু মোৰ দলিত, পীড়িত, শোষিত, বঞ্চিত, দুখীয়া, আমাৰ ভনী–কন্যা তেওঁলোকৰ বাবে প্ৰস্তুত কৰা হ’ল৷ কেৱল প্ৰতিমাহত এক টকাৰে জনসাধাণৰলৈ বীমাৰ সুবিধা প্ৰদান কৰা হ’ল৷ এই পৰ্যন্ত সমাজৰ যিসকল লোকে ভগৱানৰ ভৰসাত চলি আছিল আজি তেওঁলোকে বীমাৰ ওপৰত ভৰসা কৰিব পাৰিছে৷ আহক আমি কিছু লোকৰ সৈতে কথা হওঁ৷ চাওক, বৃদ্ধাৱস্থা জীৱনৰ এক গুৰুত্বপূৰ্ণ সময়৷ ই এক এনে সময় যে আমি বহু ক্ষেত্ৰত অন্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ সেই সময়ত আৰ্থিক ক্ষেত্ৰত আমি আত্মনিৰ্ভৰশীল হ’বলৈ, পেন্সনৰ পৰিকল্পনা সেই উদ্দেশ্যত কৰা হৈছে৷ বয়োবৃদ্ধৰ আশীৰ্বাদ সদায়েই প্ৰাপ্ত হওক আৰু তেওঁলোকৰ আশীৰ্বাদৰ ফলতেই আমি দেশক আগুৱাই লৈ যোৱাৰ নিৰন্তৰ প্ৰয়াস কৰিছোঁ৷ এই চৰকাৰ আমাৰ জ্যেষ্ঠজনৰ বাবে প্ৰতিবদ্ধ চৰকাৰ আৰু চৰকাৰে তেওঁলোকৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ আৰ্থিক পৰিস্থিতিৰ সকলো সুবিধা সৰল কৰাৰ বাবে কাম কৰিছে৷ বৃদ্ধাৱস্থাপ সৈতে সম্বন্ধীয় সমস্যাসমূহৰ গভীৰতা অনুভৱ কৰি ইয়াক মোকাবিলা কৰিবলৈ বিগত চাৰিটা বৰ্ষত বহু নীতি আৰু যোজনা প্ৰণয়ন কৰা হৈছে৷ যোৱা বৰ্ষত চৰকাৰে প্ৰধানমন্ত্ৰী বয় বন্দনা যোজনা আৰম্ভ কৰিছে৷ এই যোজনাৰ অধীনত ৬০ৰ ঊৰ্ধৰ নাগৰিকক ১০বছৰ পৰ্যন্ত আঠ শতাংশৰ সুনিশ্চিত ৰিটাৰ্ণ প্ৰদান কৰা হৈছে৷ সুত ঊৰ্ধগামী–নিম্নগামী হ’লেও ইয়াৰ পৰিমাণত কোনো প্ৰভাৱ নপৰে৷ যদি ৰিটাৰ্ণ আঠ শতাংশতকৈ কম হয় তেন্তে চৰকাৰে স্বয়ং নিজৰ ৰাজকোষৰ পৰা সেয়া ক্ষতিপূৰণ কৰিব৷ এই আঁচনিৰ অধীনত জ্যেষ্ঠ নাগৰিকে মাহিলী, ত্ৰিমাসিক, ছমাহত অথবা বাৰ্ষিক ভিত্তিত ৰিটাৰ্ণৰ বিকল্প নিৰ্বাচন কৰিব পাৰে৷ এই যোজনাৰ অধীনত জ্যেষ্ঠ নাগৰিতে ১৫ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰে৷ এই পৰ্যন্ত তিনি লাখতকৈও অধিক লোক এই যোজনাৰ দ্বাৰা লাভ প্ৰাপ্ত কৰিছে৷ ইয়াৰোপৰি চৰকাৰে জ্যেষ্ঠ নাগৰিকক কৰ সাহায্যও প্ৰদান কৰি আছে৷ তেওঁলোকৰ বাবে উপাৰ্জনত কৰ ৰেহাইৰ মূল সূমা আঢ়ৈ লাখৰ পৰা বৃদ্ধি কৰি তিনি লাখ পৰ্যন্ত কৰা হৈছে৷ ইয়াৰ সৈতে সুত কটাৰ সীমা যি পূৰ্বে ১০ হাজাৰ আছিল সেয়া বৃদ্ধি কৰি ৫০ হাজাৰ কৰা হৈছে৷ অৰ্থাৎ এতিয়া সকলো জমা পৰিমাণৰ পৰা প্ৰাপ্ত ৫০ হাজাৰ টকা পৰ্যন্ত সুতৰ কৰ ৰেহাই দিয়া হৈছে৷ সেইদৰে জ্যেষ্ঠ নাগৰিকক তেওঁলোকৰ বাবে যিসমূহ আঁচনি প্ৰণয়ন কৰা হৈছিল, সেইসমূহৰ লাভ কি হ’ল, যদি ইয়াক আমি অংকৰ হিচাপত চাওঁ তেন্তে ধৰি লওক যে এজন জ্যেষ্ঠ নাগৰিকৰ মুঠ আয় ৫ লাখ হয়, তেন্তে ২০১৩–১৪ত, আমি অহাৰ পূৰ্বে তেওঁৰ প্ৰায় ১৩– চাৰে ১৩ হাজাৰ ৩৯০ টকাৰ কৰ দিবলগীয়া হৈছিল৷ কিন্তু যেতিয়াৰ পৰা আমাৰ চৰকাৰ গঠন হ’ল আমি সেই সকলো ফৰ্মূলা পৰিৱৰ্তন কৰিলো৷ ২০১৮–১৯ত কেৱল দুহেজাৰ ছশ থাকি গ’ল৷ অৰ্থাৎ ১৩ হাজাৰতকৈও অধিক এতিয়া ২৬০০ অৰ্থাৎ এক তৃতীয়াংশ হৈ পৰিল৷ কিমান বৃহৎ পৰিৱৰ্তন আহিল৷ কেৱল আৰ্থিক ক্ষেত্ৰতেই নহয়, জ্যেষ্ঠ নাগৰিক আৰু তেওঁলোকৰ কল্যাণৰ সৈতে জড়িত অন্য পৰিক্ষেত্ৰসমূহতো চৰকাৰে যোজনাৱদ্ধভাৱে কাম কৰিছে৷ আমি সকলোৱে জানো যে বয়য় বৃদ্ধিৰ লগে লগে স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ উদ্ভৱ হোৱা আৰম্ভ হয়৷ দৰৱ আৰু শুশ্ৰূষাৰ খৰচ বৃদ্ধি হয়৷ ইয়াক গুৰুত্ব প্ৰদান কৰি জন ঔষধি যোজনা আৰম্ভ কৰা হৈছে যাতে ঔষধ সস্তাতে উপলব্ধ হয়৷ ইয়াৰ জৰিয়তে সঁজুলিসমূহৰ দামো কম হৈ পৰিল৷ আঁঠুৰ অস্ত্ৰোপচাৰ পূৰ্বৰ তুলনাত সস্তা আৰু কম খৰচী হৈ পৰিছে৷ পূৰ্বতে জ্যেষ্ঠ নাগৰিকসকলে নিজে জীয়াই থকাৰ প্ৰমাণ নিজে গৈ দিবলগীয়া হৈছিল৷ কিন্তু ইয়াক সৰক কৰি লাইফ ছাৰ্টিফিকেটৰ জীৱন প্ৰমাণৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে৷ আমাৰ সম্পূৰ্ণ প্ৰয়াস যে জ্যেষ্ঠ নাগৰিকসকলে বিভিন্ন সুবিধা সৰল আৰু সহজভাৱে প্ৰাপ্ত কৰক, তেওঁলোকৰ নিকটতেই প্ৰাপ্ত হওক যাতে তেওঁলোকে দৌৰাদৌৰি কৰিবলগীয়া নহয়৷ তেওঁলোক স্বাস্থ্যৱান হৈ থাকক আৰু স্বাভিমানৰ সৈতে জীৱন নিৰ্বাহ কৰক৷ আমি এয়া সুনিশ্চিত কৰাৰ দিশত কাম কৰিছোঁ৷ বৃদ্ধাৱস্থাত আৰ্থিক ৰূপত কাৰো ওপৰত নিৰ্ভৰ হ’ব নলগীয়াটো জীৱনৰ বাবে গৌৰৱপূৰ্ণ কথা৷ পেন্সনৰ ৰূপত এক নিৰ্দিষ্ট পৰিমাণৰ ধন প্ৰাপ্ত হওক৷ চৰকাৰে এয়া সুনিশ্চিত কৰাৰ বাবে অটল পেন্সন যোজনা আৰম্ভ কৰিলে৷ এই যোজনাৰ অধীনত এই পৰ্যন্ত এক কোটিতকৈও অধিক হিতাধিকাৰী আছে য’ত প্ৰায় ৪০ শতাংশ আমাৰ অৰ্চনা ভগ্নীৰ দৰে ভগ্নীসকল আছে৷ ইয়াত এতিয়ালৈ চাৰি হাজাৰ কোটি টকাতকৈও অধিক টকা জমা কৰা হৈছে৷ সকলো মিলাই দেখা যাব যে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি যোজনা আৰু অটল পেন্সন যোজনা, এই তিনিটা যোজনাৰ জৰিয়তে কেৱল তিনিটা বৰ্ষত প্ৰায় ২০ কোটি লোকক বীমা যোজনাৰ সুৰক্ষিত নেটৱৰ্কৰ অধীনলৈ অনা হৈছে৷ আৰু ইয়াৰ মাজত ৫২ শতাংশ–৫০ শতাংশতকৈও অধিক লোক আমাৰ গাঁৱৰ লোক, গ্ৰামীণ ক্ষেত্ৰৰ লোক৷ সকলো যোজনাৰ মূলতে দুটা গুৰুত্বপূৰ্ণ কথা থাকে– প্ৰথমটো হ’ল সকলোৱে যাতে বীমাৰ সুবিধা লাভ কৰে আৰু ন্যূনতম প্ৰিমিয়ামত প্ৰাপ্ত কৰে যাতে দাৰিদ্ৰতম লোকেও ইয়াৰ সুবিধা প্ৰাপ্ত কৰিব পাৰে৷ আমাৰ চৰকাৰ দুখীয়াৰ প্ৰতি সংবেদনশীল, দুখীয়াৰ কল্যাণৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে আৰু তেওঁলোকক সৱলীকৰণ কৰাৰ বাবে নিৰন্তৰ প্ৰয়াস কৰে৷ আমি এতিয়া বিভিন্ন যোজনাৰ হিতাধিকাৰীসকলৰ পৰা শুনিলো যে কিদৰে দুৰ্যোগৰ সময়ত তেওঁলোকৰ পৰিয়ালে আৰ্থিক সাহায্য প্ৰাপ্ত কৰিলে৷ মই জানো যে তেওঁলোকৰ কাহিনী আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ স্ৰোত হয়৷ এয়া প্ৰদৰ্শিত হৈছে যে বীমা সুৰক্ষা সকলোৰে বাবে কিমান প্ৰয়োজনীয়৷ মোৰ সকলোৰে প্ৰতি অনুৰোধ যে আপোনালোক সকলোৱে এই বীমা যোজনাৰ লাভ প্ৰাপ্ত কৰক আৰু লগতে আপোনালোকৰ ঘৰৰ কাষৰ ব্যক্তিয়েই হওক, আপোনালোকৰ কাৰ্যালয়ৰ কোনো ব্যক্তি হওক, আপুনি তেওঁলোককো এই যোজনাসমূহৰ বিষয়ে কওক, ইয়াৰ লাভ প্ৰাপ্ত কৰিবলৈ উৎসাহিত কৰক৷ যিমান হিতাধিকাৰীৰ ইয়াত আছে, আপোনালোক এই উদাহৰণসমূহৰ জীৱন্ত উদাহৰণ হয়, মই আপোনালোক সকলোকে আহ্বান কৰিছোঁ যে আপোনালোকে নিকটৱৰ্তী লোকক ইয়াৰ বাবে উৎসাহিত কৰক৷ মই আপোনালোকক কওঁ যে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি যোজনাৰ আপুনি যিকোনো বেংক অথবা ডাকঘৰলৈ গৈ নিজকে পঞ্জীকৃত কৰিব পাৰে৷ অটল পেন্সন যোজনাৰ বাবে আপুনি যিকোনো বেংকৰ শাখালৈ গৈ নিজকে পঞ্জীকৃত কৰিব পাৰে৷ আৰু প্ৰধানমন্ত্ৰী বয় বন্দনাৰ বাবে দেশৰ যিকোনো এলআইচি কাৰ্যালয়লৈ কগৈ আপুনি ইয়াৰ লাভ প্ৰাপ্ত কৰিব পাৰে৷ মই এটা কথা আৰু ক’ব বিচাৰিছোঁ যে জ্যেষ্ঠ নাগৰিকসকলে সন্মানপূৰ্বক জীৱন অতিবাহিত কৰাৰ যোজনা উপলব্ধ আছে৷ কিন্তু মোৰ দেশৰ জ্যেষ্ঠ নাগৰিকসকলো ইমান সন্মানত জীৱন অতিবাহিত কৰে যে ইয়াৰ পৰা প্ৰেৰণা প্ৰাপ্ত হয়৷ আপোনালোকে বোধহয় গম নাপাব, ইয়াৰ চৰ্চা বৰ্তমান বাহিৰত হোৱা নাই৷ যেতিয়া মই দেশবাসীক লালকিল্লাৰ পৰা কৈছিলোঁ যে গেছৰ সাহায্যৰ কি প্ৰয়োজন, ইয়াক ত্যাগ কৰক৷ আৰু দেশৰ এক কোটি– পসত্তৰ হাজাৰ লোকে গেছৰ সাহায্য পৰিত্যাগ কৰিছিল৷ এতিয়া ৰে’লৱেত আমাৰ যি জ্যেষ্ঠ নাগৰিকে টিকেটত কিছু টকা ৰেহাই পায়, কিন্তু ৰে’লৱেৰ লোকে আবেদন পত্ৰখনত এইদৰে লিখিছে যে যে আপোনালোকে এই সাহায্য পৰিত্যাগ কৰিব বিচাৰিছে নেকি? আপুনি টিকেটৰ সম্পূৰ্ণ টকা পৰিশোধ কৰিব বিচাৰিছে নেকি? আমাৰ এই বিষয়ত গৰ্ব হয় যে দেশৰ লক্ষাধিত জ্যেষ্ঠ নাগৰিক, যিয়ে এই লাভ প্ৰাপ্ত কৰিছিল, ৰে’লৱেৰ টিকেটত কম টকা দি যাত্ৰা কৰিছিল কিন্তু দেশৰ বাবে লক্ষাধিক এনে জ্যেষ্ঠ নাগৰিকে এয়া গ্ৰহণ কৰিবলৈ অগ্ৰাহ্য কৰিলে৷ কোনো ঢোল বজোৱা নহ’ল, কোনো আপীল কৰা নগ’ল৷ মইয়ো কেতিয়াও চৰ্চা নকৰিলো৷ কেৱল আবেদন পত্ৰত লিখা আছিল৷ কিন্তু তেওঁলোকে, সন্মানীয় জীৱন অতিবাহিত কৰা জ্যেষ্ঠ নাগৰিকে ইমান বৃহৎ ত্যাগ কৰিলে, এয়া দেশৰ বাবে সৰু খবৰ নহয়৷ আৰু যেতিয়া মোৰ দেশৰ জনসাধাৰণে ইমান কৰিব পাৰে, মোৰ জ্যেষ্ঠ নাগৰিকসকলে ইমান কৰিব পাৰে, আমাৰো আপোনালোকৰ বাবে কিবা এটা কৰিবলৈ ইচ্ছা হয়, কিবা এটা ভাল কৰিবলৈ মন যায়৷ আহক, আমি সকলোৱে মিলি আমাৰ দেশৰ দুখীয়াৰ কল্যাণৰ বাবে, আমাৰ মাতৃ–ভগ্নীৰ কল্যাণৰ বাবে, আমাৰ বয়োবৃদ্ধসকলে গৌৰৱপূৰ্ণ জীৱন অতিবাহিত কৰাৰ বাবে প্ৰয়াস কৰোঁ৷ মই পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ৷
বিভিন্ন সামাজিক সুৰক্ষাৰ আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে নমো এপৰ জৰিয়তে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%B2%E0%A7%9F%E0%A6%BE-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%9C%E0%A6%A8%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A7%B0%E0%A6%A3%E0%A6%B2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%B2%E0%A7%9F%E0%A6%BE-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%9C%E0%A6%A8%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A7%B0%E0%A6%A3%E0%A6%B2/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মহালয়া’ উপলক্ষে জনসাধৰণলৈ শুভকামনা জ্ঞাপন কৰিছে। এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়; "মহালয়া’ত আমি আই দূৰ্গাক প্ৰাৰ্থনা জনাইছোঁ আৰু আমাৰ জনসাধাৰণৰ প্ৰতি তেওঁৰ আশীস কামনা কৰিছোঁ। “সকলোটি যেন সুখী আৰু সুস্থ হৈ থাকে, সৰ্বত্ৰে যেন সমৃদ্ধি আৰু ভ্ৰাতৃত্ববোধে বিৰাজ কৰে। শুভ মহালয়া"!
মহালয়া উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভকামন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A8%E0%A7%A7-%E0%A6%A1%E0%A6%BF%E0%A6%9A%E0%A7%87/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A8%E0%A7%A7-%E0%A6%A1%E0%A6%BF%E0%A6%9A%E0%A7%87/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ ৰ ২১ ডিচেম্বৰত প্ৰয়াগৰাজ ভ্ৰমণ আৰু দুপৰীয়া প্ৰায় ১ বজাত ২ লাখৰো অধিক মহিলা সমবেত হোৱা এটি কাৰ্য্যক্ৰমত অংশগ্ৰহণ কৰিব। মহিলাসকলক তৃণমূল পৰ্য্যায়তে প্ৰমুখ্য কৰি আৱশ্যকীয় দক্ষতা, উদগনি আৰু সম্পদ প্ৰদানেৰে সবলীকৰণৰ অৰ্থে প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিৰে সংগতি ৰাখি এই কাৰ্য্যক্ৰমৰ আয়োজন কৰা হৈছে। মহিলাসকলক সমৰ্থনৰ বাবে এই প্ৰচেষ্টাত প্ৰধানমন্ত্ৰীগৰাকীয়ে আত্ম সহায়ক গোট (SHG) ৰ বেংক একাউণ্টসমূহলৈ ১০০০ কোটি টকা হস্তান্তৰ কৰিব, যাৰ ফলত আত্ম সহায়ক গোটসমূহৰ প্ৰায় ১৬ লাখ মহিলা সদস্য উপকৃত হ'ব। দীনদয়াল অন্ত্যোদয়া যোজনা- ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান (D) ৰ অধীনত পৰিপূৰক পুষ্টি যোগান ধৰিব।
প্ৰধানমন্ত্ৰীয়ে ২১ ডিচেম্বৰত প্ৰয়াগৰাজ ভ্ৰমণ আৰু ২ লক্ষাধিক মহিলা সমবেত হোৱা এটি কাৰ্য্যক্ৰমত অংশগ্ৰহণ কৰি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%B2%E0%A7%8D%E0%A6%AA%E0%A6%A8%E0%A6%BE-%E0%A6%B6%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A6%A8%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%B2%E0%A7%8D%E0%A6%AA%E0%A6%A8%E0%A6%BE-%E0%A6%B6%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A6%A8%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনু্ষ্ঠিত কেবিনেট বৈঠকত নগৰ পৰিকল্পনা আৰু উন্নয়ন শিতানত ভাৰত আৰু ছিংগাপুৰৰ মাজত সহযোগিতাৰ বাবে স্বাক্ষৰিত পূৰ্বপ্ৰস্তাৱিত বুজাবুজি চুক্তিত অনুমোদন জনায়। ২০১৮ৰ ৩১ মে’ত এই চুক্তিখন স্বাক্ষৰ কৰা হয়। এই বুজাবুজি চুক্তিৰ লক্ষ্য হৈছে পৌৰ নিকায়সমূহকে ধৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সংস্থাই ছিংগাপুৰৰ নগৰ উন্নয়ন আৰু ব্যৱস্থাৰ লগতে অন্যান্য ক্ষেত্ৰত পাৰদৰ্শী সংস্থাৰ সৈতে একেলগে কাম কৰিব আৰু ই নগৰ পুনৰুজ্জীৱিতকৰণ অভিযানত সহায় কৰিব। বুজাবুজি চুক্তিখনৰ অধীনত পৰিকল্পনা খণ্ডত সক্ষমতা সৃষ্টি, নগৰ পৰিকল্পনাৰ দিশত গুৰুত্ব, অত্যাধূনিক পৰিবহণ ব্যৱস্থা আৰু ৰাজহুৱা বিত্তায়ন ইত্যাদি বিষয়বোৰত সহযোগিতা আগবঢ়োৱা হ’ব। প্ৰধান প্ৰভাৱঃ এই বুজাবুজি চুক্তিয়ে জ্ঞানৰ যথাৰ্থ প্ৰয়োগ, সক্ষমতা সৃষ্টি আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সংস্থাক সহযোগিতা আগবঢ়োৱাৰ উপৰি নগৰ পৰিকল্পনা, জল আৰু পেলনীয়া পানী ব্যৱস্থাপনা, গোটা আৱৰ্জনা ব্যৱস্থাপনা, অত্যাধূনিক পৰিবহণ ব্যৱস্থা আৰু ৰাজহুৱা বিত্তায়ন ইত্যাদি দিশত সহায় আগবঢ়ায়। হিতাধিকাৰীঃ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু নগৰৰ স্থানীয় নিকায়সমূহ এই চুক্তিৰ দ্বাৰা প্ৰত্যক্ষভাৱে লাভান্বিত হ’ব আৰু ফলস্বৰূপে নগৰৰ লোকসকলৰ সা-সুবিধা বৃদ্ধিত অৰিহণা যোগাব।
পৰিকল্পনা শিতানত ভাৰত আৰু ছিংগাপুৰৰ মাজত সহযোগিতাৰ বাবে স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BE%E0%A6%AA%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE-3/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BE%E0%A6%AA%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE-3/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ৰাজকীয় অত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণৰ বাবে নিশা টকিঅ’লৈ ৰাওনা হ’ব৷ এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, এগৰাকী মৰমৰ বন্ধু আৰু ভাৰত-জাপানৰ বন্ধুত্বৰ এগৰাকী মহান চেম্পিয়ন শ্বিনজো আবেৰ ৰাজকীয় অত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণৰ বাবে মই নিশা টকিঅ’লৈ ৰাওনা হ’ম৷” “মই সকলো ভাৰতীয়ৰ হৈ প্ৰধানমন্ত্ৰী কিশিদা আৰু শ্ৰীমতী আবেক আন্তৰিক সমবেদনা জনাম৷ আবে ছানে কল্পনা কৰা মতে ভাৰত-জাপানৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে আমি কাম কৰি যাম। @kishida230"
জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ৰাজকীয় অত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণৰ বাবে নিশা টকিঅ’লৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AD-%E0%A7%A6%E0%A7%A7-%E0%A7%A6%E0%A7%A7%E0%A7%AF-%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%96%E0%A7%87-%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%9A%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AD-%E0%A7%A6%E0%A7%A7-%E0%A7%A6%E0%A7%A7%E0%A7%AF-%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%96%E0%A7%87-%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%9A%E0%A6%BE/
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ এই মাহৰ ২১ তাৰিখে আমি এক শোকবাৰ্তা পালো৷ কৰ্ণাটকৰ টুমকুৰ জিলাৰ শ্ৰী সিদ্ধগংগা মঠৰ চিকিৎসক শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰজীয়ে দেহত্যাগ কৰিলে৷ শিৱকুমাৰ স্বামীজীয়ে নিজৰ সম্পূৰ্ণ জীৱন সমাজ সেৱাত সমৰ্পিত কৰিছিল৷ ভগৱান বাসৱেশ্বৰে আমাক শিকাইছে- ‘‘কায়কাৱে কৈলাশ’’- অৰ্থাৎ কঠিন পৰিশ্ৰমেৰে নিজৰ দায়িত্ব পালন কৰাটো ভগৱান শিৱৰ বাসস্থান কৈলাশ ধামলৈ যোৱাৰ সমান হয়৷ শিৱকুমাৰ স্বামীজীয়ে এই দৰ্শনৰ আধাৰতে নিজৰ ১১১ বৰ্ষীয় জীৱনকালত সহস্ৰাধিক লোকৰ সামাজিক, শৈক্ষিক আৰু আৰ্থিক উত্থানৰ বাবে কাম কৰিছিল৷ তেওঁৰ খ্যাতি এনে এক বিদ্বানৰ ৰূপত আছিল যাৰ ইংৰাজী, সংস্কৃত আৰু কন্নড় এই তিনিওটা ভাষাতে সমানে বুৎপত্তি আছিল৷ তেওঁ এজন সমাজ সংস্কাৰক আছিল৷ জনসাধাৰণতে যাতে ভোজন, আশ্ৰয়, শিক্ষা আৰু আধ্যাত্মিক জ্ঞান লাভ কৰিব পাৰে, তাৰবাবে তেওঁ সমগ্ৰ জীৱন প্ৰয়াস কৰিছিল৷ কৃষকসকলৰ সকলো দিশৰ পৰা যাতে কল্যাণ হয় এয়া স্বামীজীৰ জীৱনৰ প্ৰাথমিকতা আছিল৷ সিদ্ধগংগা মঠত নিয়মিতৰূপে পশু আৰু কৃষক মেলাৰ আয়োজন কৰিছিল৷ মই বহুবাৰ পৰম পূজনীয় স্বামীজীৰ আশীৰ্বাদন লাভ কৰাৰ সৌভাগ্য লাভ কৰিছো৷ ২০০৭ চনত শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীজীৰ শতাব্দী বৰ্ষ উৎসৱ সমাৰোহলৈ আমাৰ ভুতপূৰ্ব ৰাষ্ট্ৰপতি ডঃ এ.পি.জে. আব্দুল কালাম গৈছিল৷ কালাম চাহাবে এই উপলক্ষে পূজ্য স্বামীজীৰ বাবে এটা কবিতা শুনাইছিল৷ তেওঁ কৈছিলঃ “O my fellow citizens – In giving, you receive happiness, In Body and Soul – You have everything to give. If you have knowledge – share it If you have resources – share them with the needy. You, your mind and heart To remove the pain of the suffering, adio আৰু এয়া শুনিয়েই শ্ৰোতাসকলৰ মনত এক নতুন উদ্দীপনা, আশাৰ সঞ্চাৰ হৈছিল৷ মোক কোৱা হৈছে যে এই ৰেডিঅ’ ষ্টেচনত সাপ্তাহিক বাতৰিও প্ৰচাৰিত হৈছিল য’ত ইংৰাজী, হিন্দী, তামিল, বাংলা, মাৰাঠী, পঞ্জাৱী, উৰ্দু আদি ভাষা ব্যৱহৃত হৈছিল৷ এই ৰেডিঅ’ ষ্টেচনৰ সঞ্চালনত গুজৰাটৰ এম.আৰ.ব্যাসজীয়ে বৃহৎ ভূমিকা পালন কৰিছিল৷ আজাদ হিন্দ ৰেডিঅ’ত প্ৰচাৰিত হোৱা কাৰ্যসূচী জনসাধাৰণৰ মাজত অতিশয় জনপ্ৰিয় হৈছিল আৰু সেই কাৰ্যসূচীৰ দ্বাৰা আমাৰ স্বাধীনতা সংগ্ৰামৰ যোদ্ধাসকলে যথেষ্ট প্ৰেৰণা পাইছিল৷ এই ক্ৰান্তি মন্দিৰত এক দৃশ্যকলা সংগ্ৰহালয়ো নিৰ্মাণ কৰা হৈছে৷ ভাৰতীয় কলা আৰু সংস্কৃতিক অতিশয় আকৰ্ষণীয় ধৰণে দেখুওৱাৰ প্ৰয়াস কৰা হৈছে৷ সংগ্ৰহালয়ত ৪টা ঐতিহাসিক প্ৰদৰ্শনী আছে আৰু তাত তিনিটা শতিকা পুৰণি ৪৫০তকৈও অধিক চিত্ৰকলা আৰু শিল্পকৰ্ম অন্তৰ্ভুক্ত কৰা হৈছে৷ সংগ্ৰহালয়ত অমৃতা শ্বেৰগিল, ৰাজা ৰবি বৰ্মা, অৱনীন্দ্ৰ নাথ ঠাকুৰ, গগনেন্দ্ৰ নাথ ঠাকুৰ, নন্দলাল বসু, যামিনী ৰায়, শৈলজা মুখাৰ্জীৰ দৰে মহান কলাকাৰসকলৰ উৎকৃষ্ট কৰ্মসমূহক সুন্দৰকৈ প্ৰদৰ্শন কৰা হৈছে৷ আৰু মই আপোনালোকক বিশেষভাৱে আহ্বান কৰিম যে আপোনালোক তালৈ যাওক আৰু গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰো কৰ্মসমূহ নিশ্চয়কৈ চাওক৷ এতিয়া হয়তো আপোনালোকে ভাবিছে যে ইয়াত কলাৰ কথা কোৱা হৈছে আৰু মই আপোনালোকক গুৰুদেৱ ঠাকুৰৰ উৎকৃষ্ট কৰ্মসমূহ প্ৰত্যক্ষ কৰাৰ কথা কৈ আছোঁ৷ আপোনালোকে এই পৰ্যন্ত গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰক এক লেখক আৰু সংগীতকাৰ হিচাপে জানিছিল৷ কিন্তু মই ক’ব বিচাৰিছো যে গুৰুদেৱ এজন চিত্ৰকাৰো আছিল৷ তেওঁ বহু বিষয়ত চিত্ৰ নিৰ্মাণ কৰিছিল৷ তেওঁ পশু-পক্ষীৰো চিত্ৰ আঁকিছিল, তেওঁ বিভিন্ন প্ৰাকৃতিক দৃশ্যও আঁকিছিল আৰু এয়াই নহয়, তেওঁ মানৱ চৰিত্ৰকো কলাৰ মাধ্যমেৰে কেনভাছত অংকন কৰিছিল৷ গুৰুত্বপূৰ্ণ কথা এয়েই যে গুৰুদেৱ ঠাকুৰে নিজৰ অধিকাংশ কৰ্মৰে নাম দিয়া নাছিল৷ তেওঁ ভাবিছিল যে তেওঁৰ চিত্ৰ প্ৰত্যক্ষ কৰা ব্যক্তিয়ে নিজেই এই চিত্ৰ বুজি পাওক, চিত্ৰৰ দ্বাৰা প্ৰদৰ্শিত বাৰ্তা নিজৰ দৃষ্টিৰে উপলব্ধি কৰক৷ তেওঁৰ চিত্ৰকলাসমূহ ইউৰোপীয় দেশ, ৰাছিয়া, আমেৰিকা আদিত প্ৰদৰ্শিত কৰা হৈছে৷ মোৰ এয়াই আশা যে আপোনালোকে ক্ৰান্তি মন্দিৰত তেওঁৰ সেই চিত্ৰকলা নিশ্চয়কৈ প্ৰত্যক্ষ কৰক৷ মোৰ মৰমৰ দেশবাসীসকল, ভাৰত সন্তৰ ভূমি৷ আমাৰ সন্তসকলে নিজৰ চিন্তাধাৰা আৰু কৰ্মৰ মাধ্যমেৰে সদ্ভাৱ, সমতা আৰু সামাজিক সৱলীকৰণৰ বাৰ্তা প্ৰদান কৰিছে৷ এনেকুৱা এজন সন্ত আছিল- সন্ত ৰবিদাস৷ ১৯ ফেব্ৰুৱাৰীত সন্ত ৰবিদাসৰ জয়ন্তী৷ সন্ত ৰবিদাসৰ দোহা অতিশয় জনপ্ৰিয়৷ সন্ত ৰবিদাসে কিছুমান দোহাৰ মাধ্যমেৰে গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰদান কৰিছিল৷ তেওঁ কৈছিল- “জাতি-জাতি মে জাতি হে, জো কেতন কে পাত, ৰেইদাস মনুষ না জুড় সকে জব তক জাতি ন জাত” যিদৰে কলগছৰ বাকলি এৰালে পাতৰ তলত আৰু পাত আৰু শেষত একো পোৱা নাযায়, কিন্তু সমগ্ৰ গছডালেই শেষ হৈ যায়, ঠিক সেইদৰে মানুহকো জাতিৰ ভিত্তিত ভাগ কৰা হৈছে আৰু মানুহেই নোহোৱা হৈ গৈছে৷ তেওঁ কৈছিল যে যদি বাস্তৱত ভগৱান প্ৰতিজন মানুহৰ অন্তৰত আছে তেন্তে তেওঁক জাতি, পন্থ আৰু অন্য সামাজিক আধাৰত বিভক্ত কৰা উচিত নহয়৷ গুৰু ৰবিদাসৰ জন্ম বাৰাণসীৰ পবিত্ৰ ভূমিত হৈছিল৷ সন্ত ৰবিদাসে নিজৰ বাৰ্তাৰ মাধ্যমেৰে সমগ্ৰ জীৱনকালত শ্ৰম আৰু শ্ৰমিকৰ গুৰুত্ব বুজোৱাৰ বাবে প্ৰয়াস কৰিছিল৷ এয়া ক’লে ভুল নহ’ব যে তেওঁ বিশ্বক শ্ৰমৰ প্ৰতিষ্ঠাৰ বাস্তৱিক অৰ্থ প্ৰদান কৰিছিল৷ তেওঁ কৈছিল- ‘‘মন চংগা তো কঠোতি মে গংগা’’ অৰ্থাৎ যদি আপোনাৰ মন আৰু হৃদয় পবিত্ৰ তেন্তে স্বয়ং ঈশ্বৰে আপোনাৰ হৃদয়ত বাস কৰে৷ সন্ত ৰবিদাসৰ বাৰ্তাই সকলো বৰ্গৰ লোককে প্ৰভাৱিত কৰিছে৷ চিতোড়ৰ মহাৰাজা অথবা মহাৰাণী, মীৰাবাই, এওঁলোক সকলো তেওঁৰ অনুগামী আছিল৷ মই পুনৰ বাৰ সন্ত ৰবিদাসক প্ৰণাম জনাইছো৷ মোৰ মৰমৰ দেশবাসীসকল, কিৰণ সিদৰে মাইগভত লিখিছে মই ভাৰতৰ মহাকাশ কাৰ্যসূচী আৰু ইয়াৰ ভৱিষ্যতৰ সৈতে জড়িত পদক্ষেপসমূহক যাতে গুৰুত্ব দিওঁ৷ তেওঁ মোৰ পৰা এয়াও বিচাৰিছে যে বিদ্যাৰ্থীসকলক যাতে মহাকাশ কাৰ্যসূচীত আগ্ৰহ প্ৰকাশ কৰি আকাশতকৈও আগলৈ যোৱাৰ বাবে আহ্বান কৰো- কিৰণজী, মই আপোনাৰ এই বিচাৰ আৰু বিশেষকৈ আমাৰ ল’ৰা-ছোৱালীসকলক বাবে প্ৰদান কৰা বাৰ্তাক প্ৰশংসা কৰিছো৷ কিছুদিন পূৰ্বে মই আহমেদাবাদত আছিলো৷ তাত ডঃ বিক্ৰম সাৰাভাইৰ প্ৰতিমা অনাৱৰণ কৰাৰ মই সৌভাগ্য লাভ কৰিছিলো৷ ডঃ বিক্ৰম সাৰাভাইয়ে ভাৰতৰ মহাকাশ কাৰ্যসূচীত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে৷ আমাৰ মহাকাশ কাৰ্যসূতীত দেশৰ অসংখ্য যুৱ বৈজ্ঞানিকৰো অৱদান আছে৷ মই গৰ্ব কৰো যে আজি আমাৰ শিক্ষাৰ্থীসকলে নিৰ্মাণ কৰা উপগ্ৰহণ আৰু ছাউণ্ডিং ৰকেট মহাকাশলৈ উৎক্ষেপণ কৰা হৈছে৷ ২৪ জানুৱাৰীত আমাৰ শিক্ষাৰ্থীসকলে নিৰ্মাণ কৰা ‘কালাম-ছেট’ উৎক্ষেপণ কৰা হৈছে৷ দেশত স্বাধীনতাৰ সময়ৰ পৰা ২০১৪ চনলৈ যিমানবোৰ মহাকাশ অভিযান কৰা হৈছে, প্ৰায় সিমান সংখ্যক অভিযানেই বিগত চাৰিটা বৰ্ষত কৰা হৈছে৷ আমি এখন মহাকাশযানতেই ১০৪টা উপগ্ৰহ উৎক্ষেপণ কৰি বিশ্ব অভিলেখৰ সৃষ্টি কৰিছিলো৷ অতি শীঘ্ৰেই চন্দ্ৰযান-২ৰ অভিযানৰ মাধ্যমৰ জৰিয়তে চন্দ্ৰতো ভাৰতৰ উপস্থিতি নিশ্চিত কৰিম৷ আমাৰ দেশ মহাকাশ প্ৰযুক্তিৰ উপযোগিতা জনসাধাৰণৰ ৰক্ষাতো ব্যৱহাৰ কৰা হৈছে৷ সেয়া লাগিলে চাইক্লনেই হওক, ৰে’ল অথবা পথ সুৰক্ষাই হওক, এই সকলোতে মহাকাশ প্ৰযুক্তিৰ দ্বাৰা যথেষ্ট লাভ হৈছে৷ আমাৰ মাছমৰীয়া ভাইসকলক নাবিক ডিভাইচ প্ৰদান কৰা হৈছে৷ ইয়াৰ দ্বাৰা তেওঁলোকৰ সুৰক্ষাৰ সৈতে আৰ্থিক উন্নতিতো সহায়ক হৈছে৷ আমি মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰ চৰকাৰী সেৱাসমূহৰ ডেলিভাৰী আৰু হিচাপসমূহ উন্নত কৰাৰ বাবেও কৰিছো৷ ‘‘হাউচিং ফৰ অল’’ অৰ্থাৎ ‘‘সকলোৰে বাবে গৃহ’’- এই যোজনাত ২৩খন ৰাজ্যৰ প্ৰায় ৪০ লাখ গৃহক জিঅ’-টেগ কৰা হৈছে৷ ইয়াৰ সৈতে মনৰেগাৰ অধীনত প্ৰায় চাৰে তিনি কোটি সম্পত্তিকো জিঅ’-টেগ কৰা হৈছে৷ আমাৰ উপগ্ৰহ আজিৰ দেশৰ বৰ্ধিত শক্তি হিচাপে পৰিচিত হৈছে৷ বিশ্বৰ বিভিন্ন দেশৰ সৈতে আমাৰ উন্নত সম্বন্ধত ইয়াৰ বৃহৎ অৱদান আছে৷ দক্ষিণ এছিয়া উপগ্ৰহ এক এনেকুৱা পদক্ষেপ যিয়ে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ বিকাশতো সহায় কৰিছে৷ আমাৰ উন্নত কম্পিটিটিভ লঞ্চ ছাৰ্ভিচৰ অধীনত ভাৰতে আজি কেৱল উন্নত দেশৰেই নহয়, উন্নয়নশীল দেশৰো উপগ্ৰহ উৎক্ষেপণ কৰিবলৈ ধৰিছে৷ সৰু লৰা-ছোৱালীৰ বাবে আকাশ আৰু তৰা সদায়েই আকৰ্ষণৰ বস্তু৷ আমাৰ মহাকাশ কাৰ্যসূচীয়ে ল’ৰা-ছোৱালীবোৰত ডাঙৰ চিন্তা কৰিবলৈ আৰু সেই সীমাৰ ঊৰ্ধলৈ যাবলৈ অৱকাশ প্ৰদান কৰে৷ ই আমাৰ ল’ৰা-ছোৱালীসকলৰ বাবে তৰাবোৰ চোৱাৰ উপৰিও নতুন নতুন তৰা সন্ধান কৰাৰ বাবে প্ৰেৰণা দিয়ে৷ মোৰ মৰমৰ দেশবাসীসকল, মই সদায়েই কওঁ, যিয়ে খেলে সিয়েই প্ৰস্ফুটিত হয় আৰু এইবাৰ ‘খেলো ইণ্ডিয়া’ত বৃহৎ সংখ্যক তৰুণ খেলুৱৈৰ অভিষেক ঘটিছে৷ জানুৱাৰী মাহত পুণেত ‘খেলো ইণ্ডিয়া’ত ইয়ুথ গেমছৰ ১৮টা খেলত প্ৰায় ৬,০০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে৷ আমাৰ ক্ৰীড়াৰ স্থানীয় পৰিবেশতন্ত্ৰ যেতিয়াই শক্তিশালী হ’ব অৰ্থাৎ আমাৰ ভেঁটি যেতিয়াই সুদৃঢ় হ’ব তেতিয়াই আমাৰ তৰুণসকলে দেশ আৰু বিশ্বত নিজৰ ক্ষমতাৰ উৎকৃষ্ট প্ৰদৰ্শন কৰিব পাৰিব৷ যেতিয়াই স্থানীয় পৰ্যায়ত খেলুৱৈসকলে উত্তম প্ৰদৰ্শন কৰিব তেতিয়াই বিশ্বজনীন পৰ্যায়তো উন্নত প্ৰদৰ্শন হ’ব৷ এইবাৰ ‘খেলো ইণ্ডিয়া’ত প্ৰতিখন ৰাজ্যৰ খেলুৱৈয়ে নিজৰ নিজৰ পৰ্যায়ত উন্নত প্ৰদৰ্শন কৰিছে৷ মেডেল বিজয়ী বহু খেলুৱৈৰ জীৱন কাহিনীয়ে সাংঘাটিক প্ৰেৰণা দিয়ে৷ মল্লযুঁজত যুৱ খেলুৱৈ আকাশ গোৰ্খাই ৰূপৰ পদক জয় কৰিছে৷ মই পঢ়িবলৈ পাইছিলো, আকাশৰ পিতৃ ৰমেশজীয়ে পুণেৰ এক কমপ্লেক্সত চকীদাৰৰ কাম কৰে৷ তেওঁ নিজৰ পৰিয়ালৰ সৈতে এক পাৰ্কিং স্থানত বাস কৰিছিল৷ মহাৰাষ্ট্ৰৰ ২১-অনুৰ্ধ মহিলা কাবাডী দলৰ কেপ্টেইন সোণালী হেলৱী সতাৰাত থাকে৷ তেওঁ অতি কম বয়সতেই পিতৃক হেৰুৱাইছিল আৰু তেওঁৰ মাতৃ তথা ভাতৃয়ে সোণালীৰ এই প্ৰতিভাক উৎসাহিত কৰিছিল৷ প্ৰায়েই দেখা যায় যে কাবাডীৰ দৰে খেলসমূহত কন্যা সন্তানসকলক অধিক উৎসাহ প্ৰদান কৰা নহয়৷ ইয়াৰ পিছতো সোণালীয়ে কাবাডীক বাচনি কৰিছিল আৰু উৎকৃষ্ট প্ৰদৰ্শন কৰিছিল৷ আচনচোলৰ ১০ বছৰীয়া অভিনৱ শ্ব’য়ে ‘খেলো ইণ্ডিয়া ইয়ুথ গেমছ’ত আটাইতকৈ কম বয়সতে সোণৰ পদক জয় কৰিছে৷ কৰ্ণাটকৰ কৃষক কন্যা অক্ষতা বাসৱানী কামতে ভাৰাত্তোলনত সোণৰ পদক জয় কৰিছে৷ তেওঁ নিজৰ জয় পিতৃলৈ উচৰ্গা কৰিছে৷ তেওঁ পিতৃ বেলগামৰ এজন কৃষক৷ যেতিয়া মই ভাৰত নিৰ্মাণৰ কথা কওঁ, দৰাচলতে সেয়া যুৱশক্তিৰ সংকল্পৰ নতুন ভাৰতৰ কথা কওঁ৷ ‘খেলো ইণ্ডিয়া’ৰ এই কাহিনীসমূহে নতুন ভাৰতৰ নিৰ্মাণত কেৱল ডাঙৰ চহৰসমূহৰ জনসাধাৰণৰ অৱদানেই নহয়, সৰু চহৰৰ, গাঁৱৰ পৰা অহা যুৱপ্ৰজন্ম, ল’ৰা-ছোৱালী, যুৱ ক্ৰীড়া প্ৰতিভা, তেওঁলোকৰো যোগদান আছে বুলি প্ৰদৰ্শিত কৰে৷ মোৰ মৰমৰ দেশবাসীসকল, আপোনালোকে বহুতো জনপ্ৰিয় সৌন্দৰ্য প্ৰতিযোগিতাসমূহৰ বিষয়ে শুনিছে৷ কিন্তু টয়লেট চমকোৱাৰ প্ৰতিযোগিতাৰ বিষয়ে শুনিছে নে? যোৱা প্ৰায় এমাহৰ পৰা এই আচৰিত প্ৰতিযোগিতা ৫০লাখতকৈও অধিক শৌচালয়ে অংশগ্ৰহণ কৰিছে৷ এই আচৰিত প্ৰতিযোগিতাৰ নাম হ’ল ‘‘স্বচ্ছ সুন্দৰ শৌচালয়’’৷ জনসাধাৰণে নিজৰ শৌচালয় স্বচ্ছ কৰাৰ উপৰিও চিত্ৰ অংকন কৰি সুন্দৰ কৰি তুলিচে৷ আপোনালোকে কাশ্মীৰৰ পৰা কন্যাকুমাৰলৈ, কচ্ছৰ পৰা কামৰূপলৈ ‘‘স্বচ্ছ সুন্দৰ শৌচালয়’’ৰ অলেখ চিত্ৰ ছ’চিয়েল মিডিয়াত প্ৰত্যক্ষ কৰিব পাৰিব৷ মই সকলো পঞ্চায়ত আৰু গাঁওবুঢ়াক এই অভিযানৰ নেতৃত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছো৷ নিজৰ ‘‘স্বচ্ছ সুন্দৰ শৌচালয়’’ৰ আলোকচিত্ৰ #মাইইজ্জতঘৰৰ সৈতে ছ’চিয়েল মিডিয়াত নিশ্চয়কৈ বিনিময় কৰক৷ বন্ধুসকল, ২ অক্টোবৰ ২০১৪ চনত আমি দেশক স্বচ্ছ কৰি তুলিবলৈ আৰু মুক্ত স্থানত কৰা মলত্যাগৰ পৰা মুক্ত কৰিবলৈ একত্ৰিতভাৱে চিৰস্মৰণীয় যাত্ৰাৰ সূচনা কৰিছিলো৷ ভাৰতৰ জনসাধাৰণৰ সহযোগত আজি ভাৰত ২ অক্টোবৰ ২০১৯ চনৰ বহু পূৰ্বেই মুক্ত স্থানত মলত্যাগ কৰাৰ পৰা মুক্ত হোৱাৰ দিশত অগ্ৰসৰ হৈছে যাতে বাপুক তেওঁৰ ১৫০তম জয়ন্তীত শ্ৰদ্ধাঞ্জলি প্ৰদান কৰিব পাৰি৷ স্বচ্ছ ভাৰতৰ এই চিৰস্মৰণীয় যাত্ৰাত ‘মন কী বাত’ৰ শ্ৰোতাসকলৰো বৃহৎ অৱদান আছে আৰু সেইবাবে আপোনালোকৰ সৈতে এয়া বিনিময় কৰি সুখী অনুভৱ কৰিছো যে পাঁচ লাখ পঞ্চাশ হাজাৰতকৈও অধিক গাঁও আৰু ৬০০ জিলাই নিজকে মুক্ত স্থানত মলত্যাগ মুক্ত স্থান বুলি ঘোষণা কৰিছে আৰু গ্ৰামীণ ভাৰতত স্বচ্ছতা ব্যাপ্তি ৯৮% অতিক্ৰম কৰিছে৷ প্ৰায় ৯ কোটি পৰিয়ালক শৌচালয়ৰ সুবিধা উপলব্ধ কৰোৱা হৈছে৷ মোৰ সৰু সৰু বন্ধুসকল, পৰীক্ষাৰ দিন সমাগত৷ হিমাচল প্ৰদেশৰ অংশুল শৰ্মাই মাইগভত লিখিছে যে মই পৰীক্ষা আৰু এগজাম ৱাৰিয়ৰ্ছৰ সন্দৰ্ভত কথা ক’ব লাগে৷ অংশুলজী, এই বিষয় উত্থাপন কৰাৰ বাবে আপোনাক ধন্যবাদ৷ বহু পৰিয়ালৰ বাবে বছৰৰ প্ৰথম আৰম্ভণি পৰীক্ষাৰ ঋতুৰ পৰাই আৰম্ভ হয়৷ বিদ্যাৰ্থী, তেওঁলোকৰ পিতৃ-মাতৃৰ পৰা আৰম্ভ কৰি শিক্ষকলৈ সকলো লোক পৰীক্ষাৰ সৈতে জড়িত হৈ পৰে৷ মই সকলো বিদ্যাৰ্থী, তেওঁলোকৰ পিতৃ-মাতৃ আৰু শিক্ষকসকলক শুভকামনা জনাইছো৷ মই এই বিষয়ত আজিৰ ‘মন কী বাত’ৰ এই কাৰ্যসূচীত চৰ্চা কৰিবলৈ নিশ্চয় বিচাৰিম৷ কিন্তু আপোনালোকে জানি সুখী হ’ব যে ২৯ জানুৱাৰীৰ ৰাতিপুৱা ১১ বজাত ‘‘পৰীক্ষা পে চৰ্চা’’ শীৰ্ষক কাৰ্যসূচীত মই দেশৰ সমগ্ৰ বিদ্যাৰ্থীসকলৰ সৈতে কথা পাতিম৷ এই বাৰ শিক্ষাৰ্থীৰ সৈতে অভিভাৱক আৰু শিক্ষকসকলেও এই কাৰ্যসূচীৰ অংশীদাৰ হ’ব৷ আৰু এইবাৰ বিভিন্ন দেশৰ শিক্ষাৰ্থীসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷ এই ‘পৰীক্ষা পে চৰ্চা’ত পৰীক্ষাৰ সৈতে জড়িত সকলো পদক্ষেপ, বিশেষ ৰূপত উদ্বিগ্নমুক্ত পৰীক্ষা সন্দৰ্ভত আমাৰ যুৱ মিত্ৰসকলৰ সৈতে বহু কথা পাতিম৷ মই ইয়াৰ বাবে জনতাক ইনপুট আৰু চিন্তাধাৰা প্ৰদান কৰাৰ বাবে আহ্বান জনাইছিলো; আৰু মই সুখী যে মাইগভত বৃহৎ সংখ্যক লোকে নিজৰ চিন্তাধাৰা প্ৰকাশ কৰিছে৷ ইয়াৰে কিছুমান চিন্তাধাৰা আৰু প্ৰস্তাৱক মই নিশ্চিতভাৱে টাউন হ’লৰ কাৰ্যসূচীৰ সময়ত আপোনালোকৰ সন্মুখত প্ৰস্তুত কৰিম৷ আপোনালোক নিশ্চয় এই কাৰ্যসূচীৰ অংশীদাৰ হওক…ছ’চিয়েল মিডিয়া তথা নমো এপৰ জৰিয়তে আপোনালোকে ইয়াৰ লাইভ সম্প্ৰচাৰ প্ৰত্যক্ষ কৰিব পাৰিব৷ মোৰ মৰমৰ দেশবাসীসকল৷ ৩০ জানুৱাৰীত পূজ্য বাপুৰ পুণ্যতিথি৷ ১১ বজাত সমগ্ৰ দেশে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব৷ আমিও য’তেও থাকো তাৰে পৰাই দুই মিনিটৰ বাবে শ্বহীদসকল নিশ্চিয় শ্ৰদ্ধাঞ্জলি প্ৰদান কৰিম৷ পূজ্য বাপুক স্মৰণ কৰক আৰু তেওঁৰ সপোনক বাস্তৱায়িত কৰি নতুন ভাৰত নিৰ্মাণ তথা নাগৰিক হিচাপে নিজৰ কৰ্তব্য পালন- এই সংকল্পৰ সৈতে আহক আমি আগবাঢ়োঁ৷ ২০১৯ চনৰ এই যাত্ৰাক সফলতাৰে আগুৱাই লৈ যাও৷ আপোনালোক সকলোলৈ অশেষ শুভকামনা থাকিল, বহুত বহুত ধন্যবাদ৷
২৭.০১.০১৯ তাৰিখে সম্প্ৰচাৰিত হোৱা প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ৰ ৫২তম খণ্ডৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A6%B2%E0%A7%88-%E0%A6%85%E0%A6%B9%E0%A6%BE-%E0%A6%AB%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A7%B0-%E0%A6%87%E0%A6%89%E0%A7%B0%E0%A7%8B/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A6%B2%E0%A7%88-%E0%A6%85%E0%A6%B9%E0%A6%BE-%E0%A6%AB%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A7%B0-%E0%A6%87%E0%A6%89%E0%A7%B0%E0%A7%8B/
আনুষ্ঠানিক ভ্ৰমণ সূচী লৈ ১৩ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ তিনিদিনৰ বাবে ভাৰতত উপস্থিত হোৱা ফ্ৰান্সৰ ইউৰোপ তথা বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী কেথেৰিন কলোন্নাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত্ কৰে। দুযোখন দেশৰ স্বাৰ্থ বিজড়িত দ্বিপাক্ষিক প্ৰসংগসমূহৰ আলোচনাৰ লগতে মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি মেক্ৰনে প্ৰেৰণ কৰা বন্ধুত্ব আৰু সহযোগিতাৰ বাৰ্তাও প্ৰধানমন্ত্ৰীৰ ওচৰত অৱগত কৰে। আলোচনা কালত প্ৰধানমন্ত্ৰী মোদীয়ে পেৰিছত ৰাষ্ট্ৰপতি মেক্ৰন আৰু জাৰ্মানীত স্কলোছ এলম’ৰ সৈতে অলপতে হোৱা সাক্ষাতৰ কথা আনন্দৰে স্মৰণ কৰাৰ লগতে ৰাষ্ট্ৰপতিগৰাকীক অচিৰেই ভাৰতলৈ আদৰণি জনোৱাৰ বাবে থকা তেওঁৰ আগ্ৰহৰ কথা জানিবলৈ দিয়ে।
ভাৰতলৈ অহা ফ্ৰান্সৰ ইউৰোপ তথা বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A7%B0-%E0%A6%86%E0%A6%B2%E0%A6%BF%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A6%9F%E0%A6%BF%E0%A6%A4-%E0%A6%A6/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A7%B0-%E0%A6%86%E0%A6%B2%E0%A6%BF%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A6%9F%E0%A6%BF%E0%A6%A4-%E0%A6%A6/
দিল্লীৰ আলিপুৰত সংঘটিত দুৰ্ঘটনাত হোৱা প্ৰাণহানিৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে টুইট কৰিছে; "দিল্লীৰ আলিপুৰত সংঘটিত দুৰ্ঘটনাত দুখ প্ৰকাশ কৰিছোঁ। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জনাইছোঁ। যিসকল আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছোঁঃ প্ৰধানমন্ত্ৰী"
দিল্লীৰ আলিপুৰত সংঘটিত দুৰ্ঘটনাত দুখ প্ৰকাশ প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%B2%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%B0-%E0%A6%AD/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%B2%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%B0-%E0%A6%AD/
মাননীয় প্রধানমন্ত্রী বেঞ্জামিন নেতান্যাহু, সংবাদ মাধ্যমেৰ সদস্যসকল, প্রধানমন্ত্রী বেঞ্জামিন নেতান্যাহু’ৰ প্রথম ভাৰত ভ্ৰমণ উপলক্ষে তেওঁক আদৰণি জনাবলৈ পাই মই অতিশয় আনন্দিত। येदीदीहायाकर, बरूख़िमहाबायिमलेहोदू! (হে সুহৃদ, আপোনাক ভাৰতলৈ স্বাগত জনাইছো!) মাননীয় প্রধানমন্ত্রী, আপোনাৰ এই ভ্ৰমণ ভাৰত-ইজৰায়লৰ বন্ধুত্বপূৰ্ণ সম্পর্কৰ যাত্রাপথত এক বহু প্রতীক্ষিত মুহূর্ত। ভাৰত আৰু ইজৰাইলৰ মাজত কূটনৈতিক সম্পর্কৰ ২৫তম বর্ষপূৰ্তিৰ এক স্মাৰক হিচাবে আপোনাৰ এই ভ্ৰমণসূচী যথার্থ হৈছে। ২০১৮ চনত আমাৰ প্রথমগৰাকী সন্মানীয় অতিথি হিচাপে আপোনাৰ এই ভ্ৰমণ আমাৰ নতুন বছৰৰ বর্ষপঞ্জীৰ এক বিশেষ উপলক্ষ। এয়া এনে এক শুভক্ষণত আয়োজিত হৈছে, য’ত সকলো ভাৰতবাসী বসন্তৰ আগমন, পুনৰুজ্জীৱন, আশা আৰু শস্য চপোৱাৰ উৎসৱ আনন্দৰে পালন কৰিছে। লহৰি, বিহু, মকৰ সংক্রান্তি আৰু পোংগল উদযাপন ভাৰতৰ ঐক্য আৰু বৈচিত্র্যৰ এক উজ্জ্বল বহিঃপ্রকাশ। বন্ধুসকল, যোৱা বছৰৰ জুলাই মাহত মই ১২৫ কোটি ভাৰতবাসীৰ মৈত্রী আৰু অভিনন্দন বার্তা লৈ মোৰ অতি গুৰুত্বপূৰ্ণ ইজৰাইল ভ্ৰমণ কৰিছিলো। ইয়াৰ বিনিময়ত মোৰ বন্ধু বিবিৰ নেতৃত্বত ইজৰাইলৰ জনগণৰ পৰা উদাৰ তথা উষ্ণ আৰু আদৰ মই লাভ কৰিছিলো, তাত মই অভিভূত হৈছিলো। সেই ভ্ৰমণকালত প্রধানমন্ত্রী নেতান্যাহু আৰু মই পৰস্পৰৰ প্রতি আৰু দুয়ো দেশৰ জনসাধাৰণৰ বাবেও এক কৌশলগত সহযোগিতা গঢ়ি তোলাৰ প্রতিশ্রুতি দিছিলো। এই প্রতিশ্রুতি আশা আৰু আস্থাৰ, বহুল প্রসাৰিত অগ্রগতি আৰু নিবিড় সহযোগিতাৰ তথা যৌথ প্ৰচেষ্টা আৰু মিলিত সাফল্যৰ আছিল। বহু শতিকা জুৰি যি স্বাভাবিক মিলাপ্ৰীতি আৰু বন্ধুত্বৰ বান্ধোনত আমি আৱদ্ধ আছিলো, তাৰ পৰাই আমাৰ এই প্রতিশ্রুতিৰ জন্ম লৈছিল। প্রায় প্রত্যেকটো দিশতে পৰস্পৰে পৰস্পৰৰ কাষত উপস্থিত থকাৰ বাধ্যবাধকতাৰ পৰা বিভিন্ন প্রচেষ্টাৰ সৈতে আমি নিয়োজিত হৈ আহিছো। সেই ভ্ৰমণকালত ছমাহতে এক সংক্ষিপ্ত মুহূর্তৰ পাছতে আমাৰ এই পাৰস্পৰিক উচ্চাকাংক্ষা আৰু প্ৰতিশ্ৰুতি ৰৈ গৈছে, য’ত আপোনাৰ এই অসাধাৰণ ভাৰত ভ্ৰমণ তাৰেই ইংগিত বহন কৰিছে। কালি আৰু আজি প্রধানমন্ত্রী নেতান্যাহু আৰু মই দুয়ো দেশৰ সম্পর্কৰ বিকাশ আৰু অগ্রগতিৰ বিষয়সমূহ পর্যালোচনা কৰিছো। আমাৰ সন্মুখত যিবোৰ সুযোগ আৰু সম্ভাৱনা আছে, তাৰ সদ্ব্যৱহাৰৰ লক্ষ্যৰে পুনৰ আলাপ-আলোচনাৰ কামো আমি আৰম্ভ কৰিছো। আমাৰ আলোচনাৰ বিষয় আছিল ব্যাপক আৰু বহুল প্রসাৰিত, য’ত আৰু নতুন কিবা কৰাৰ ইচ্ছা প্রতিফলিত হৈছে। প্রধানমন্ত্রী, বাঞ্চিত ফল লাভৰ বাবে মই অধীৰ বুলি মোক বহুতে ক’ব খোজে। মই যদি খোলাখুলিভাবে এটি গোপন কথা আজি আপোনাৰ আগত প্রকাশ কৰো, তেতিয়া হ’লে মই জানো, আপুনিও তাত সমৰ্থন আগবঢ়াব। যোৱা বছৰ তেল আভিভত আমোলাতান্ত্রিক দীর্ঘসূত্রিতা হ্ৰাস কৰাৰ বাবে আপুনি ইচ্ছা প্রকাশ কৰিছিল। প্রধানমন্ত্ৰী মই আপোনাক এই কথা জনাবলৈ পাই অতিশয় আনন্দিত আৰু সেই কামটো আমি ভাৰতত কৰিবলৈ গৈ আছো। পূর্বে গৃহীত সিদ্ধান্তৰ কাৰ্যকৰীকৰণ বাবে আমি দুয়োজনেই যে অধীৰ আগ্রহেৰে অপেক্ষা কৰিছো–সেইকথাও আমি পৰস্পৰে ব্যক্ত কৰিছো। ইয়াৰ সুফলো আমি লক্ষ্য কৰিছো। আমাৰ যৌথ প্রচেষ্টা আৰু গতিসঞ্চাৰ তথা অংশীদাৰিত্বৰ সম্পর্কৰ উন্নয়ন প্রচেষ্টাই হৈছে আজিৰ আলোচনা আৰু মত বিনিময়ৰ উল্লেখযোগ্য দিশ। আমি তিনিটি ভিন্ন উপায়েৰে এই পথ অনুসৰণৰ সিদ্ধান্ত লৈছোঃ প্রথমতে, আমাৰ দুয়ো দেশৰ জনসাধৰণৰ জীৱনক স্পর্শ কৰি যোৱাকৈ এনে ক্ষেত্রসমূহত আমাৰ সহযোগিতাক অধিক শক্তিশালী কৰি তোলা হ’ব। সেইবোৰ হৈছে–কৃষি, বিজ্ঞান আৰু প্রযুক্তি আৰু নিৰাপত্তা। কৃষি সহযোগিতাৰ মূল ভিত্তি হিচাপে চিহ্নিত উৎকর্ষকেন্দ্রসমূহক আৰু অধিক উন্নত কৰি তুলিবলৈ আমি পৰস্পৰৰ মাজত মতবিনিময় কৰিছো। এই লক্ষ্য পূৰণত ইজৰাইলৰ অত্যাধুনিক প্রযুক্তি আৰু পন্থাক আমি অনুসৰণ কৰিব লাগিব। প্রতিৰক্ষা ক্ষেত্রত বিকাশৰ লক্ষ্যৰে ইজৰাইলী কোম্পানীসমূহক আমাৰ উদাৰ প্রত্যক্ষ বিদেশী বিনিয়োগ নীতিৰ সুযোগ গ্রহণ কৰি ভাৰতৰ কোম্পানীসমূহৰ সৈতে আৰু অধিক পৰিমাণে সহযোগিতা স্থাপন কৰাৰ বাবে মই আমন্ত্রণ জনাইছো। দ্বিতীয়তে, তেল আৰু গেছ, চাইবাৰ নিৰাপত্তা, চলচ্চিত্র আৰু ষ্টার্টআপৰ দৰে অপেক্ষাকৃত কম আৱিষ্কৃত ক্ষেত্রসমূহত অধিক হাৰত যৌথ প্রচেষ্টা গঢ়ি তুলিবলৈ আমি উদ্যোগ লৈছো। কিছুসময়ৰ আগতে যি চুক্তি বিনিময় পর্ব সম্পন্ন হ’ল, তাৰ জৰিয়তে আমাৰ এই প্রচেষ্টাৰ প্রতিফলন দেখিবলৈ পোৱা যাব। বিভিন্ন ক্ষেত্রত বহুল প্রসাৰিত কর্মপ্রচেষ্টা গঢ়ি তুলিবলৈ আমি যেনেতৈ আগ্রহী, বিভিন্ন ক্ষেত্ৰত তাক পৰিলক্ষিত হ’ব। আৰু তৃতীয়তে, আমাৰ এই ভৌগোলিক অৱস্থানৰ মাজত সাধাৰণ লোক তথা তেওঁলোকৰ চিন্তা-ভাৱনা বিনিময়ৰ দিশতো আমি প্রতিশ্রুতিবদ্ধ। ইয়াৰ বাবে নীতিগত সুযোগ-সুবিধা, আন্তঃগাঁথনি, যোগাযোগ ব্যৱস্থা আৰু চৰকাৰী সাহায্য তথা সমর্থনৰ উপৰি অন্যান্য ক্ষেত্রসমূহত উৎসাহ যোগোৱাতো অতি প্রয়োজন। দুয়ো দেশৰ জনসাধাৰণে যাতে এখনে আনখন দেশলৈ কৰ্মসূত্রে ভ্ৰমণ কৰিব পাৰে, সেয়া আৰু অধিক সহজ কৰি তুলিবলৈ ইজৰাইলৰ সৈতে আমি ব্যৱস্থাগত প্রক্রিয়াৰে যুক্ত হৈছো। ইয়াৰ বাবে দীর্ঘকালৰ বাবে কামৰ সুবাদত ভ্ৰমণ কৰা প্রয়োজন হ’ব পাৰে। দুয়ো দেশৰ জনসাধাৰণক পৰস্পৰৰ মাজত আৰু অধিক কাষলৈ অনাৰ বাবে ভাৰতীয় সাংস্কৃতিক কেন্দ্রই অতি শীঘ্রেই ইজৰাইলত কাম আৰম্ভ কৰিব। বিজ্ঞান শিক্ষাৰ সৈতে জড়িত শতাধিক যুৱক-যুৱতীক দ্বিপাক্ষিক বিনিময় ভ্ৰমণ আৰম্ভ কৰাৰ বাবেও আমি সিদ্ধান্ত গ্রহণ কৰিছো। বন্ধুসকল, দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ প্রসাৰৰ ক্ষেত্ৰত সুদৃঢ় সহযোগিতা গঢ়ি তোলাটো আমাৰ লক্ষ্যৰ অবিচ্ছেদ্য অংগ। এই লক্ষ্যৰে আৰু অধিক কাম কৰি যাবলৈ প্রধানমন্ত্রী নেতান্যাহু আৰু মই সহমতত উপনীত হৈছো। যোৱা বছৰ তেল আভিভৰ বৈঠকৰ পাছত দ্বিপাক্ষিক মঞ্চৰ অধীনত দুয়ো দেশৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে আমি আকৌ এবাৰ এই বিষয়ত কথা পাতিম। প্রধানমন্ত্রী নেতান্যাহু’ৰ সৈতে অহা বৃহৎ প্রতিনিধিদলকো আদৰণি জনাইছো। প্রধানমন্ত্রী নেতান্যাহু আৰু মই আঞ্চলিক তথা বিশ্ব পৰিস্থিতিৰ বিভিন্ন প্রেক্ষাপটক লৈ মত বিনিময় কৰিছো। বন্ধুসকল, কালি ভাৰতত উপস্থিত হোৱাৰ পাছৰপৰাই প্রধানমন্ত্রী নেতান্যাহুয়ে মোৰ সৈতে নতুনকৈ নামকৰণ কৰা তিন মূর্তি হাইফা চকত ভাৰতীয় বীৰসেনাসকলৰ স্মৃতিৰ উদ্দেশ্যে শ্রদ্ধা নিবেদন কৰে। ইজৰাইলৰ শতাব্দী প্রাচীন হাইফা যুদ্ধত তেওঁলোকে তেওঁলোকৰ জীৱন বিসর্জন দিছিল। আমাৰ দুয়োখন দেশে এই ইতিহাস তথা বীৰ সেনানীৰ কথা কেতিয়াও পাহৰিব নোৱাৰে। এই ক্ষেত্রত প্রধানমন্ত্রী নেতান্যাহুৰ এই বিশেষ মানসিকতা আৰু দৃষ্টিভংগীৰ প্ৰতি মই বিশেষভাৱে অনুৰাগী। ইজৰাইলৰ সৈতে আমাৰ অংশীদাৰিত্বৰ ভৱিষ্যতৰ দিশে লক্ষ্য কৰিলে আমাক আশা আৰু আশাবাদে উদ্বেলিত কৰে। প্রধানমন্ত্রী নেতান্যাহুৰ মাজত মই এনে এক ব্যক্তিত্বক দেখিছো, যিগৰাকীয়ে ভাৰত-ইজৰাইল সম্পর্কত ক্রমান্বয়ে নতুন মাত্রা প্ৰদান কৰাত আমাৰ দৰেই প্ৰতিশ্ৰুতিবদ্ধ। সদৌশেষত, প্রধানমন্ত্রী নেতান্যাহু এদিন পাছতে মোৰ নিজৰ ৰাজ্য গুজৰাটত আকৌ আপোনাৰ সৈতে মিলিত হোৱাৰ সুযোগ পাম–এইকথা ভাবি মই অতিশয় আনন্দিত হৈছো। তাত আমাৰ বাবে প্রতিশ্রুতি পূৰণৰ আৰু এটি সুযোগ অপেক্ষা কৰি আছে। কৃষি, প্রযুক্তি আৰু নতুনত্ব উদ্ভাৱনৰ দৰে ক্ষেত্রসমূহত আমাৰ পাৰস্পৰিক সম্পর্কই তাত প্রসাৰতা লাভ কৰিব। প্রধানমন্ত্রী নেতান্যাহু, শ্রীমতী নেতান্যাহু আৰু প্রতিনিধি দলৰ বাবে ভাৰতত থকাৰ পৰৱৰ্তী দিনবোৰ স্মৰণীয় হওঁক–তাকে কামনা কৰিছো। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। তোড়া ৰাবা!
ইজৰাইলৰ প্রধানমন্ত্রীৰ ভাৰত ভ্ৰমণকালত প্রধানমন্ত্রীৰ প্রেছ বিবৃতি (১৫ জানুৱাৰী, ২০১৮)
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A7%E0%A7%AF-%E0%A6%86%E0%A7%B0%E0%A7%81/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A7%E0%A7%AF-%E0%A6%86%E0%A7%B0%E0%A7%81/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১৯ আৰু ২০ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব। ভ্ৰমণকালত তেওঁ প্রায় ১৫ হাজাৰ ৬৭০ কোটি টকাৰ এলানি প্রকল্প উদ্বোধন আৰু শিলান্যাস কৰিব। ১৯ অক্টোবৰৰ পুৱা ৯টা ৪৫ মিনিটত প্রধানমন্ত্রীয়ে গান্ধীনগৰত মহাত্মা মন্দিৰ কনভেনশ্যন এণ্ড এক্সিবিছন চেণ্টাৰত ডেফএক্সপো ২২ –ৰ উদ্বোধন কৰিব। তেওঁ আদালাজত দিনৰ ১২টাত উৎকর্ষ স্কুল মিছনৰ সূচনা কৰিব। বিয়লি ৩টা ১৫ মিনিটত জুনাগড়ত এলানি প্রকল্পৰ শিলান্যাস কৰিব। সন্ধ্যে ৬টাত শ্রী মোদীয়ে ৰাজকোটত ইণ্ডিয়া আর্বান হাউছিং কনক্লেভ ২০২২ৰ উদ্বোধন কৰিব আৰু বিভিন্ন গুৰুত্বপূর্ণ প্রকল্প জাতিৰ উদ্দেশ্যে উৎসর্গা আৰু শিলান্যাস কৰিব। ইয়াৰ পাছত, তেওঁ ৰাজকোটত সন্ধ্যা ৭টা ২০ মিনিটত উদ্ভাৱনমূলক নির্মাণ প্রক্রিয়া সংক্রান্তীয় এখন প্রদর্শনীৰ উদ্বোধন কৰিব। প্রধানমন্ত্রীয়ে ২০ অক্টোবৰৰ পুৱা ৯টা ৪৫ মিনিটত কেভাডিয়াত মিছন লাইফৰ সূচনা কৰিব। দিনৰ ১২টাত তেওঁ বিভিন্ন দেশৰ ভাৰতীয় দূতাবাসৰ প্রধানসকলৰ দশম সন্মিলনত অংশগ্রহণ কৰিব। ইয়াৰপাছত, ভিয়াৰাত ৩টা ৪৫ মিনিটত এলানি প্ৰকল্পৰ শিলান্যাস কৰিব। গান্ধীনগৰত প্রধানমন্ত্রী: প্রধানমন্ত্রীয়ে ডেফএক্সপো ২০২২ৰ উদ্বোধন কৰিব। এইবাৰৰ এক্সপোৰ মূল ভাবনা গর্বৰ পথত এখোজ বা ‘পাথ টু প্রাইড’। এই প্রথম প্রতিৰক্ষা সৰঞ্জামৰ প্রদর্শনীত সবাতোকৈ বেছি ভাৰতীয় প্ৰতিষ্ঠানসমূহে অংশগ্রহণ কৰিছে। প্রদর্শনীত বিদেশী সংস্থাসমূহৰ অধীনস্থ ভাৰতীয় প্রতিষ্ঠান, ভাৰতত নিবন্ধীকৃত বিভিন্ন সংস্থাৰ শাখা, কোনো ভাৰতীয় প্রতিষ্ঠানৰ সৈতে যৌথ উদ্যোগত গঢ়ি তোলা প্ৰতিষ্ঠানসমূহে অংশগ্ৰহণ কৰিব। ইয়াৰ আগতে কেৱল ভাৰতীয় প্রতিষ্ঠানক লৈ এনেধৰণৰ প্রদর্শনী হোৱা নাই। ইয়াৰ মাজেৰে প্রতিৰক্ষা ক্ষেত্রত ভাৰতীয় সংস্থাসমূহৰ দক্ষতা আৰু সংশ্লিষ্ট ক্ষেত্রৰ প্রসাৰ ঘটোৱাৰ সুযোগ প্রতিফলিত হ'ব। এক্সপোত ভাৰত পেভিলিয়নৰ সমান্তৰালকৈ, ১০ ৰাজ্যৰ পেভিলিয়ন থাকিব। প্রধানমন্ত্রীয়ে ভাৰত পেভিলিয়নত সম্পূর্ণ দেশীয় প্রযুক্তিত নির্মিত প্রতিৰক্ষা কামত ব্যৱহৃত বিমান এইটিটি ৪০ৰ উদ্বোধন কৰিব। হিন্দুস্তান এৰোনটিক্স লিমিটেডে ইয়াৰ মূল নক্সা তৈয়াৰ কৰিছে। এই বিমানত অত্যাধুনিক বিভিন্ন ব্যৱস্থাপনা আছে আৰু ই চালক-অনুকূল। অনুষ্ঠানত প্রধানমন্ত্রী মিছন ডেফস্পেচৰ সূচনা কৰিব। বিভিন্ন শিল্প সংস্থা আৰু ষ্টাৰ্টআপসমূহৰ সাহায্যত মহাকাশত প্রতিৰক্ষা বাহিনীৰ বাবে নানা সমস্যাৰ সমাধান এই মিছনৰ মাধ্যমত কৰা হ'ব। শ্রী মোদীয়ে গুজৰাটত দিশা এয়াৰফিল্ডৰো শিলান্যাস কৰিব। দেশৰ সীমান্ত এলেকাৰ লগতে বিমান বাহিনীৰ ঘাঁটিবিলাক অধিক সুৰক্ষিত কৰাৰ উদ্যোগৰ অঙ্গ হিচাপে ইয়াক নির্মাণ কৰা হ'ব। ইণ্ডিয়া – আফ্রিকা: প্রতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ ক্ষেত্রত প্রয়োজনীয় কৌশলগত ব্যৱস্থা গ্রহণ শীর্ষক বিষয়ত ভাৰত – আফ্রিকা প্রতিৰক্ষা সংক্রান্তীয় দ্বিতীয় আলোচনাচক্র প্রদর্শনী উপলক্ষে অনুষ্ঠিত হ'ব। ইয়াৰ উপৰিও, ভাৰত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ মাজত শান্তি, উন্নয়ন, স্থিতাৱস্থা আৰু সমৃদ্ধি নিশ্চিত কৰাৰ বাবে সর্বাঙ্গীন আলোচনা কর্মসূচী ইণ্ডিয়ান ওছিন ৰিজিয়ন প্লাছৰ দ্বিতীয় সন্মিলনো অনুষ্ঠিত হ'ব। প্রধানমন্ত্রীৰ সাগৰ কর্মসূচীৰ সৈতে সংগতি ৰাখিয়েই এই উদ্যোগ গ্ৰহণ কৰা হৈছে। প্রতিৰক্ষা ক্ষেত্রত ব্যৱহৃত সৰঞ্জামৰ উৎপাদক সংস্থাসমূহৰ বাবে প্রথম বিনিয়োগকাৰী সন্মিলনো ইয়াত অনুষ্ঠিত হ'ব। মন্থন ২০২২ কর্মসূচীত বিভিন্ন ষ্টাৰ্টআপ সংস্থাই তেওঁলোকৰ উদ্ভাবিত সামগ্রী প্রদর্শন কৰিব। ইয়াৰ উপৰিও বন্ধন কর্মসূচীৰ আওতাত ৪৫১টা সংস্থাৰ মাজত বুজাবুজি গঢ়ি উঠিব। প্রধানমন্ত্রীয়ে আদালাজত ত্রিমন্দিৰত উৎকর্ষ স্কুল মিছনৰ সূচনা কৰিব। এই প্রকল্পৰ বাবে ব্যয় ধার্য হৈছে ১০ হাজাৰ কোটি টকা। এই অনুষ্ঠানত শ্রী মোদীয়ে ৪ হাজাৰ ২৬০ কোটি টকাৰ বিভিন্ন প্রকল্পৰ সূচনা কৰিব। ইয়াৰ মাধ্যমত গুজৰাটৰ নতুন নতুন শ্রেণীকক্ষ, স্মার্ট ক্লাছ, কম্প্যুটাৰ গৱেষণাগাৰ নির্মাণ আৰু স্কুলসমূহৰ সার্বিক পৰিকাঠামোৰ মানোন্নয়ন ঘটোৱা হ'ব। জুনাগড়ত প্রধানমন্ত্রী: প্রধানমন্ত্রীয়ে জুনাগড়ত প্রায় ৩ হাজাৰ ৫৮০ কোটি টকাৰ এলানি উন্নয়নমূলক প্রকল্পৰ শিলান্যাস কৰিব। তেওঁ উপকূল অঞ্চলৰ যিবোৰ স্থানত যোগাযোগ ব্যৱস্থা গঢ়ি উঠা নাই, সেইবোৰক যুক্ত কৰি ঘাইপথৰ মানোন্নয়ন কর্মসূচীৰ শিলান্যাস কৰিব। এই প্রকল্পৰ প্রথম পর্বত ১৩খন জিলাত মুঠ ২৭০ কিলোমিটাৰ পথৰ মানোন্নয়ন ঘটোৱা হ'ব। প্রধানমন্ত্রীয়ে জুনাগড়ত ২টা জল সৰবৰাহ প্রকল্পৰ আৰু কৃষিপণ্য মজুত ৰখাৰ বাবে গুদামঘৰ নির্মাণপ্রকল্পেৰ শিলান্যাস কৰিব। পোৰবন্দৰত তেওঁ মাধবপুৰৰ শ্রীকৃষ্ণ ৰুক্মিনী মন্দিৰৰ সার্বিক উন্নয়ন প্রকল্পৰ শিলান্যাস কৰিব। তেওঁ পোৰবন্দৰৰ মৎস্য বন্দৰৰ পলি তোলা, জল সৰবৰাহ আৰু পয়ঃনিকাশি ব্যৱস্থাৰ শিলান্যাস কৰিব। গিৰ সোমনাথত শ্রী মোদীয়ে মাধওয়াড়ত এটা মৎস্য বন্দৰ গঢ়ি তোলা সহ ২টা উন্নয়নমূলক প্রকল্পৰ শিলান্যাস কৰিব। ৰাজকোটত প্রধানমন্ত্রী: প্রধানমন্ত্রীয়ে ৰাজকোটত ৫ হাজাৰ ৮৬০ কোটি টকাৰ এলানি প্রকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিব। তেওঁ ইণ্ডিয়া আর্বান হাউছিং কনক্লেভ ২০২২ৰ উদ্বোধন কৰিব। ভাৰতীয় আৱাসন শিল্পৰ পৰিকল্পনা, নক্সা তৈয়াৰ, নীতি প্রণয়ন, দায়বদ্ধতা সহ বিভিন্ন বিষয় সন্দৰ্ভত ইয়াত আলোচনা হ'ব। এই অনুষ্ঠানৰ পিছত তেওঁ নির্মাণ শিল্পৰ বিভিন্ন উদ্ভাৱনমূলক উদ্যোগ সংক্রান্তীয় প্রদর্শনীৰো উদ্বোধন কৰিব। এখন জনসমাৱেশত শ্রী মোদীয়ে লাইট হাউছ প্রকল্পৰ আওতাত নির্মিত ১ হাজাৰ ১০০ৰো বেছি গৃহ জাতিৰ উদ্দেশ্যে উৎসর্গা কৰিব। সেই অনুষ্ঠানতে তেওঁ সংশ্লিষ্ট সুবিধাভোগীসকলৰ হাতত ঘৰৰ চাবি তুলি দিব। ইয়াৰ উপৰিও, নর্মদা কেনেল পাম্পিং ষ্টেচনত দ্বিতীয় ব্রাহ্মনী জলাধাৰৰ পৰা মোৰবি বাল্ক পাইপলাইন প্রকল্পটো জাতিৰ উদ্দেশ্যে উৎসর্গা কৰিব। ইয়াৰ উপৰিও, তেওঁৰ আঞ্চলিক বিজ্ঞান কেন্দ্র, উড়ালপুল, সেতু সহ পথ সংক্রান্তীয় বিভিন্ন প্রকল্পও উদ্বোধনৰ কথা আছে। প্রধানমন্ত্রীয়ে গুজৰাটত ২৭ নম্বৰ জাতীয় পথৰ চাৰিলেনৰ ৰাজকোট – গোণ্ডাল – জেটপুৰ শাখাটো ছয় লেনলৈ উন্নীত কৰাৰ প্রকল্পটোৰ শিলান্যাস কৰিব। ইয়াৰ উপৰিও, মোৰবি, ৰাজকোট, বোতাদ, জামনগৰ আৰু কচ্ছত জিআইডিচি ইণ্ডাষ্ট্ৰিয়েল এষ্টেটৰ বিভিন্ন প্রকল্পৰ শিলান্যাস কৰিব। এইসমূহ নির্মাণত ব্যয় হ'ব ২ হাজাৰ ৯৫০ কোটি টকা। অন্যান্য যিবোৰ প্রকল্পৰ ৰাজকোটত শিলান্যাস হ'ব, তাৰ মাজত আছে – আমূলৰ গাধকায় দুগ্ধ উৎপাদন কেন্দ্র, ৰাজকোটত ইণ্ডোৰ স্পোর্টছ কমপ্লেক্স, ২টা জল সৰবৰাহ প্রকল্প সহ পথ আৰু ৰে'লপথৰ এলানি প্রকল্প। কেভাডিয়াত প্রধানমন্ত্রী: প্রধানমন্ত্রীয়ে ৰাষ্ট্রসংঘৰ মহাসচিব শ্রী আন্তোনিয় গুতাৰেজৰ সৈতে দ্বিপাক্ষিক বৈঠক কৰিব। ইয়াৰ পাছত, একতানগৰত ষ্টেচ্যু অফ ইউনিটিত শ্রী গুতাৰেজৰ উপস্থিতিত মিছন লাইফৰ সূচনা কৰা হ'ব। পৰিবেশ ৰক্ষা আৰু সংৰক্ষণৰ বাবে ভাৰতৰ নেতৃত্বত আন্তর্জাতিক স্তৰত এক গণআন্দোলনৰ যি পৰিকল্পনা প্রধানমন্ত্রীয়ে কৰিছে, সেয়া এই মিছনৰ মাধ্যমত বাস্তবায়িত হ'ব। সুস্থায়ী এটা ব্যৱস্থাৰ দিশত আমাৰ সার্বিক উদ্যোগৰ মাজেৰে প্রয়োজনীয় পৰিৱর্তন অনাই মিছন লাইফৰ উদ্দেশ্য। এই ক্ষেত্রত ৩টা উদ্যোগ লোৱা হ'ব। প্রথমতে, চাহিদা সৃষ্টিৰ বাবে ব্যক্তি-বিশেষক তেওঁলোকৰ দৈনন্দিন জীৱনত পৰিবেশ-বান্ধব বিভিন্ন আচৰণত উৎসাহিত কৰা হ'ব। দ্বিতীয়তে, সৰবৰাহ ব্যৱস্থাৰ বাবে শিল্প সংস্থাসমূহক চাহিদাৰ পৰিৱর্তন অনুযায়ী, প্রয়োজনীয় ব্যৱস্থা গ্রহণত সাহায্য কৰা হ'ব। তৃতীয়তে, সুস্থায়ীভাবে উৎপাদন আৰু বিভিন্ন সামগ্রী ব্যৱহাৰৰ বাবে চৰকাৰক প্রভাবিত কৰা। ইয়াৰ মাজেৰে প্রয়োজনীয় শিল্প নীতি প্রণয়ন কৰা যাব। শ্রী মোদীয়ে বিভিন্ন দেশত থকা ভাৰতীয় দূতাবাসসমূহৰ প্রধানসকলৰ দশম সন্মিলনত অংশগ্রহণ কৰিব। বিদেশ মন্ত্ৰালয়ে কেভাডিয়াত ২০ৰ পৰা ২২ অক্টোবৰত এই সন্মিলনৰ আয়োজন কৰিছে। তেওঁ দিনব্যাপী এই সন্মিলনত ১১৮টা ভাৰতীয় দূতাবাসৰ প্রধানসকলৰে ২৩খন অধিবেশনত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰিব। ইয়াৰ ভিতৰত বর্তমান বিশ্বজুৰি ৰাজনৈতিক পৰিস্থিতি, অর্থনৈতিক অৱস্থা, যোগাযোগ ব্যৱস্থা ভাৰতৰ বিদেশ নীতিত অগ্রাধিকাৰপ্রাপ্ত বিষয় সহ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা হ'ব। দূতাবাসসমূহৰ প্রধানসকলে তেওঁলোকৰ নিজ নিজ ৰাজ্য ভ্ৰমণ কৰিছে। ভ্ৰমণকালত উচ্চাকাঙ্খী জিলা, এক জিলা – এক পণ্য, অমৃত সৰোবৰ মিছন সহ বিভিন্ন ফ্লেগশিপ প্রকল্পৰ বিষয়ে তেওঁলোকে অভিজ্ঞতা সঞ্চয় কৰিছে। ভিয়াৰাত প্রধানমন্ত্রী: প্রধানমন্ত্রীয়ে তাপিৰ ভিয়াৰাত ১৯৭০ কোটি টকাৰ এলানি উন্নয়নমূলক প্রকল্পৰ শিলান্যাস কৰিব। তেওঁ সাপুতাৰাৰ পৰা ষ্টেচ্যু অফ ইউনিটিৰ মাজত সংযোগ ৰক্ষাকাৰী পথ, তাপি আৰু নর্মদা জিলাত বিভিন্ন জল প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব।
প্রধানমন্ত্রীয়ে ১৯ আৰু ২০ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰি
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AA-%E0%A7%A6%E0%A7%AA-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8-%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%96%E0%A7%87-%E0%A6%AE%E0%A6%A8-%E0%A6%95%E0%A7%80-%E0%A6%AC%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AA-%E0%A7%A6%E0%A7%AA-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8-%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%96%E0%A7%87-%E0%A6%AE%E0%A6%A8-%E0%A6%95%E0%A7%80-%E0%A6%AC%E0%A6%BE/
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ ৷ নতুন বিষয়ৰ সৈতে, নতুন অনুপ্ৰেৰণাদায়ক উদাহৰণ, নতুন বাৰ্তাৰ সৈতে, মই পুনৰ এবাৰ আপোনালোকৰ 'মন কী বাত'ত অংশগ্ৰহণ কৰিছো ৷ আপোনালোকে জানেনে এইবাৰ মই চিঠি আৰু বাৰ্তাত আটাইতকৈ কি বিষয় অধিক পাইছো? এই বিষয়টো ইতিহাস, বৰ্তমান আৰু ভৱিষ্যতৰ সৈতে সম্পৰ্কিত। মই দেশখনে লাভ কৰা নতুন প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ বিষয়ে কথা পাতি আছো। এই ১৪ এপ্ৰিলত বাবাচাহেব আম্বেদকাৰৰ জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় উদ্বোধন কৰা হৈছে। ইয়াক দেশৰ নাগৰিকসকলৰ বাবে মুকলি কৰা হৈছে। এজন শ্ৰোতা আছে, শ্ৰীযুত সাৰ্থকজী, সাৰ্থকজী গুৰুগ্ৰামত বাস কৰে আৰু প্ৰথম সুযোগ পোৱাৰ লগে লগে তেওঁ প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় চাবলৈ আহিছে। সাৰ্থকজীয়ে মোক নমো এপত লিখা বাৰ্তাটো অতি আকৰ্ষণীয় আছিল। তেওঁ লিখিছে যে তেওঁ বছৰ ধৰি বাতৰি চেনেল চায়, বাতৰি কাকত পঢ়ে, ছ'চিয়েল মিডিয়াৰ সৈতেও সংযুক্ত, সেয়েহে তেওঁ ভাবিছিল যে তেওঁৰ সাধাৰণ জ্ঞান যথেষ্ট ভাল হ'ব, কিন্তু, যেতিয়া তেওঁ প্ৰধানমন্ত্ৰী সংগ্ৰহালয়লৈ গৈছিল, তেওঁ অতি আচৰিত হৈছিল, তেওঁ অনুভৱ কৰিছিল যে তেওঁ নিজৰ দেশ আৰু দেশৰ নেতৃত্ব দিয়াসকলৰ বিষয়ে বহু কথা নাজানে। তেওঁ প্ৰধানমন্ত্ৰী সংগ্ৰহালয়টোৰ বিষয়ে কিছুমান কথা লিখিছে যিয়ে তেওঁৰ কৌতূহল বৃদ্ধি কৰিছে, উদাহৰণ স্বৰূপে, তেওঁ লাল বাহাদুৰ শাস্ত্ৰীজীৰ যঁতৰটো দেখি অতি সুখী হৈছিল, যিটো তেওঁ শহুৰেকৰ পৰা লাভ কৰিছিল। তেওঁ শাস্ত্ৰীজীৰ পাছবুকখনো দেখিছিল আৰু প্ৰত্যক্ষ কৰিছিল যে তেওঁৰ সঞ্চয় কিমান কম আছিল। সাৰ্থকজীয়ে লিখিছে যে স্বাধীনতা সংগ্ৰামত যোগদান কৰাৰ পূৰ্বে মোৰাৰজী ভাই দেশাই গুজৰাটত উপাযুক্ত আছিল বুলিও তেওঁ নাজানিছিল। প্ৰশাসনিক সেৱাত তেওঁৰ কেৰিয়াৰ দীঘলীয়া আছিল। চৌধুৰী চৰণ সিং জীৰ বিষয়ে সাৰ্থকজীয়ে লিখিছে যে তেওঁ নাজানে যে জমিদাৰী বিলুপ্তিৰ ক্ষেত্ৰত চৌধুৰী চৰণ সিংজীৰ অৱদান যথেষ্ট আছিল। কেৱল সেয়াই নহয়, ভূমি সংস্কাৰৰ ক্ষেত্ৰত তেওঁ লিখিছে যে, তাত মই দেখিছিলো যে শ্ৰীযুত পি.ভি. নৰসিংহ ৰাওজীয়ে ভূমি সংস্কাৰৰ কামত আগভাগ লৈছিল। চন্দ্ৰশেখৰজীয়ে ৪,০০০ কিলোমিটাৰৰো অধিক দূৰত্ব খোজ কাঢ়ি ভাৰত ভ্ৰমণ কৰিছিল বুলি সাৰ্থকজীয়ে জানিব পাৰিছিল। যেতিয়া তেওঁ সংগ্ৰহালয়ত অটলজীয়ে ব্যৱহাৰ কৰা বস্তুবোৰ দেখিছিল, তেওঁৰ ভাষণ শুনিছিল, তেওঁ গৌৰৱেৰে ভৰি পৰিছিল। সাৰ্থকজীয়ে লগতে কয় যে এই সংগ্ৰহালয়ত মহাত্মা গান্ধী, চৰ্দাৰ পেটেল, ড০ আম্বেদকাৰ, জয় প্ৰকাশ নাৰায়ণ আৰু আমাৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ বিষয়েও অতি আকৰ্ষণীয় তথ্য উপলব্ধ আছে। বন্ধুসকল, দেশৰ প্ৰধানমন্ত্ৰীসকলৰ অৱদান মনত ৰাখিবলৈ স্বাধীনতাৰ অমৃত মহোৎসৱতকৈ ভাল সময় আৰু কি হ'ব পাৰে? এইটো দেশৰ বাবে গৌৰৱৰ বিষয় যে স্বাধীনতাৰ অমৃত মহোৎসৱে জন আন্দোলনৰ ৰূপ লৈছে ৷ ইতিহাসৰ প্ৰতি মানুহৰ আগ্ৰহ যথেষ্ট বৃদ্ধি পাইছে আৰু এনে পৰিপ্ৰেক্ষিতত, প্ৰধানমন্ত্ৰী সংগ্ৰহালয়টো যুৱচামৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে যিয়ে তেওঁলোকক দেশৰ মূল্যৱান ঐতিহ্যৰ সৈতে সংযোগ কৰি আছে। অৱশ্যে, বন্ধুসকল, যেতিয়া সংগ্ৰহালয়টোৰ বিষয়ে আপোনালোকৰ সৈতে ইমান কথা পাতি আছো, মই আপোনালোকক কিছুমান প্ৰশ্ন সুধিব বিচাৰিছিলো। আপোনালোকৰ সাধাৰণ জ্ঞানে কি কয় চাওঁ আহক – আপোনালোকৰ ওচৰত কিমান তথ্য আছে ৷ মোৰ যুৱ বন্ধুসকল, আপোনালোক সাজু নে, আপোনালোকে হাতত কাগজ কলম লৈছেনে ? মই এই মুহূৰ্তত আপোনালোকক যি সুধিম, আপুনি উত্তৰবোৰ নমো এপ বা ছ'চিয়েল মিডিয়াত #MuseumQuizত ভাগ বতৰা কৰিব পাৰে আৰু এয়া নিশ্চয়কৈ কৰক। মই আপোনালোকক এই সকলো বোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অনুৰোধ জনাইছো। এইটোৱে সমগ্ৰ দেশৰ মানুহৰ মাজত সংগ্ৰহালয়টোৰ প্ৰতি আগ্ৰহ অধিক বৃদ্ধি কৰিব। আপোনালোক জানেনে দেশৰ কোনখন চহৰত এটা বিখ্যাত ৰেল সংগ্ৰহালয় আছে, য'ত যোৱা ৪৫ বছৰ ধৰি মানুহে ভাৰতীয় ৰে'লৰ ঐতিহ্য চাবলৈ সুযোগ পাইছে? মই আপোনালোকক আন এটা ইংগিত দিম। আপোনালোকে ইয়াত ফেয়াৰী কুইন, প্ৰিন্স অব্ ৱেলছৰ চেলুনৰ পৰা আৰম্ভ কৰি ফায়াৰলেছ ষ্টীম লোকোমোটিভো দেখা পাব পাৰে। আপোনালোকে জানেনে মুম্বাইত এনে কোনটো সংগ্ৰহালয় আছে, য'ত আমি মুদ্ৰাৰ বিৱৰ্তন অতি আকৰ্ষণীয় ভাৱে দেখিবলৈ পাওঁ? ইয়াত খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ মুদ্ৰা আছে, আনহাতে, ই-ধনো আছে। তৃতীয় প্ৰশ্ন 'বিৰাচত-ই-খালচা' এই সংগ্ৰহালয়ৰ সৈতে সম্পৰ্কিত। আপোনালোকে জানেনে এই সংগ্ৰহালয়টো পঞ্জাৱৰ কোনখন চহৰত আছে? চিলা উৰোৱাৰ ক্ষেত্ৰত, আপুনি সকলোৱে নিশ্চয় যথেষ্ট উপভোগ কৰে, পৰৱৰ্তী প্ৰশ্নটো ইয়াৰ সৈতে সম্পৰ্কিত। দেশৰ একমাত্ৰ চিলা সংগ্ৰহালয়টো ক'ত আছে? মই আপোনালোকক এটা ইংগিত দিওঁ যে ইয়াত ৰখা আটাইতকৈ ডাঙৰ চিলাখনৰ আকাৰ হৈছে ২২ গুণ ১৬ ফুট। ধৰিব পৰা নাই যদি মই আপোনালোকক আন এটা কথা কওঁ – যি খন চহৰত ই অৱস্থিত সেই চহৰখনৰ বাপুৰ সৈতে এক বিশেষ সম্পৰ্ক আছে। শৈশৱত ডাকটিকট সংগ্ৰহ কৰিবলৈ কোনে ভাল নাপায়? কিন্তু, আপোনালোকে জানেনে যে ভাৰতত ডাক টিকটৰ সৈতে সম্পৰ্কিত ৰাষ্ট্ৰীয় সংগ্ৰহালয় ক'ত আছে? মই আপোনালোকক আৰু এটা প্ৰশ্ন সুধিম। গুলচন মহল নামৰ ভৱনটোত কোনটো সংগ্ৰহালয় আছে? আপোনালোকৰ বাবে ইংগিতটো হ'ল যে এই সংগ্ৰহালয়ত আপোনালোকে চলচ্চিত্ৰৰ পৰিচালকো হ'ব পাৰে, আপোনালোকে কেমেৰা, সম্পাদনাৰ সূক্ষ্ম জ্ঞানো লাভ কৰিব পাৰে। ঠিক আছে! আপোনালোকে এনে কোনো সংগ্ৰহালয়ৰ বিষয়ে জানেনে যিয়ে ভাৰতৰ বস্ত্ৰৰ সৈতে সম্পৰ্কিত ঐতিহ্য উদযাপন কৰে? এই সংগ্ৰহালয়ত বহুতো ক্ষুদ্ৰ চিত্ৰ আছে, জৈন পাণ্ডুলিপি, ভাস্কৰ্য – এনে বহুত আছে। ই ইয়াৰ অনন্য প্ৰদৰ্শনৰ বাবেও জনাজাত। বন্ধুসকল, প্ৰযুক্তিৰ এই যুগত, আপোনালোকৰ বাবে ইয়াৰ উত্তৰ বিচাৰি উলিওৱাটো অতি সহজ হ’ব। মই এই প্ৰশ্নবোৰ সুধিছিলো যাতে আমাৰ নতুন প্ৰজন্ম কৌতূহলী হওক, তেওঁলোকে সেইবোৰৰ বিষয়ে অধিক পঢ়িক, সেইবোৰ চাবলৈ যাওক| এতিয়া, সংগ্ৰহালয়ৰ গুৰুত্বৰ বাবে, বহুতো লোকে নিজে আগবাঢ়ি আহিছে আৰু সংগ্ৰহালয়বোৰৰ বাবে যথেষ্ট দান কৰিছে ৷ বহুলোকে তেওঁলোকৰ পুৰণি সংগ্ৰহ, আনকি ঐতিহাসিক বস্তুবোৰ সংগ্ৰহালয়লৈ দান কৰি আহিছে। যেতিয়া আপোনালোকে এনে কৰে, এক প্ৰকাৰে, আপোনালোকে সমগ্ৰ সমাজৰ সৈতে এক সাংস্কৃতিক মূলধন ভাগ বতৰা কৰে। ভাৰততো এতিয়া ইয়াৰ বাবে বহু মানুহ আগবাঢ়ি আহিছে। মই এনে সকলো ব্যক্তিগত প্ৰচেষ্টাকো প্ৰশংসা কৰো। আজিৰ পৰিৱৰ্তনশীল সময়ত আৰু ক’ভিড প্ৰটোকলৰ বাবে, সংগ্ৰহালয়বোৰত নতুন পদ্ধতি গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। সংগ্ৰহালয়সমূহত ডিজিটাইজেচনৰ ওপৰতো গুৰুত্ব বৃদ্ধি পাইছে। আপোনালোক সকলোৱে জানে যে ১৮ মে'ত সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উদযাপন কৰা হ'ব। ইয়াৰ বাবে মোৰ যুৱ সহকৰ্মীসকলৰ বাবে মোৰ এটা পৰামৰ্শ আছে। আগন্তুক বন্ধৰ দিনবোৰত আপুনি আপোনাৰ বন্ধুবৰ্গৰ সৈতে স্থানীয় সংগ্ৰহালয় দৰ্শন কৰিবলৈ যাওক। অনুগ্ৰহ কৰি আপোনাৰ অভিজ্ঞতা #MuseumMemories সৈতে ভাগ বতৰা কৰক। এনে কৰাৰ দ্বাৰা, আপুনি আনৰ মনত সংগ্ৰহালয়ৰ বিষয়েও কৌতূহল জাগ্ৰত কৰিব পাৰিব। মোৰ মৰমৰ দেশবাসীসকল, আপোনালোকে নিশ্চয় আপোনাৰ জীৱনত বহুতো সংকল্প গ্ৰহণ কৰিছে, আপোনালোকে সেইবোৰ পূৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব। বন্ধুসকল, কিন্তু শেহতীয়াকৈ, মই এটা সংকল্পৰ বিষয়ে জানিছিলোঁ যিটো সঁচাকৈয়ে পৃথক, অতি অনন্য আছিল। গতিকে মই ভাবিছিলো যে মই ইয়াক 'মন কী বাত'ৰ শ্ৰোতাসকলৰ সৈতে ভাগ বতৰা কৰা উচিত। বন্ধুসকল, আপোনাোকে কল্পনা কৰিব পাৰিবনে যে কোনোবাই তেওঁৰ ঘৰৰ পৰা এটা সংকল্প লৈ ওলাই যাব লাগে যে তেওঁ গোটেই দিনটো ভ্ৰমণ কৰিব, গোটেই চহৰখনত যিকোনো লেনদেন, নগদ ধনত এটা পইচাও লেনদেন নকৰিব – এইটো এটা আকৰ্ষণীয় সংকল্প। দিল্লীৰ দুগৰাকী কন্যা, সাগৰিকা আৰু প্ৰেক্ষাই নগদবিহীন দিনৰ এটা পৰীক্ষা-নিৰীক্ষা কৰিছিল। সাগৰিকা আৰু প্ৰেক্ষা দিল্লীৰ য’তেই গৈছিল, তেওঁলোকে ডিজিটেল পৰিশোধৰ সুবিধা লাভ কৰিছিল। ইউ.পি.আই. কিউ.আৰ. কোডৰ বাবে, তেওঁলোকে নগদ ধন উলিয়াব লগা হোৱা নাছিল। আনকি ষ্ট্ৰীট ফুড আৰু পদপথৰ দোকানতো, তেওঁলোকে বেছিভাগ ঠাইতে অনলাইন লেনদেনৰ সুবিধা লাভ কৰিছিল। বন্ধুসকল, কোনোবাই হয়তো ভাবিব পাৰে যে দিল্লী এখন মেট্ৰ' চহৰ আছে, এই সকলোবোৰ তাত থকাটো সহজ কথা। কিন্তু এতিয়া এনে নহয় যে ইউপিআইৰ এই বিস্তাৰ কেৱল দিল্লীৰ দৰে ডাঙৰ চহৰতে সীমাবদ্ধ। মই গাজিয়াবাদৰ পৰা আনন্দিতা ত্ৰিপাঠীৰ পৰা এটা বাৰ্তা পাইছো। আনন্দিতাই যোৱা সপ্তাহত তেওঁৰ স্বামীৰ সৈতে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ বাবে গৈছিল। তেওঁ মোক অসমৰ পৰা মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ যাত্ৰাৰ বিষয়ে বৰ্ণনা কৰিছিল। আপোনালোকে এইটো জানি আনন্দিত হ'ব যে বহু দিনীয়া এই যাত্ৰাত, তেওঁলোকে দূৰৱৰ্তী অঞ্চলতো নগদ ধন উলিয়াব লগা হোৱা নাছিল। যিবোৰ ঠাইত কেইবছৰমান আগলৈকে ভাল ইণ্টাৰনেট সুবিধাও নাছিল, এতিয়া তাত ইউ.পি.আই.-ৰ দ্বাৰা পৰিশোধৰ সুবিধা আছে। সাগৰিকা, প্ৰেক্ষা আৰু আনন্দিতাৰ অভিজ্ঞতালৈ লক্ষ্য কৰি, মই আপোনালোকক নগদবিহীন ডে আউটৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰিবলৈ অনুৰোধ কৰিম, এইটো কৰি চাওক ৷ বন্ধুসকল, বিগত কেইবছৰমানত, BHIM ইউ.পি.আই. দ্ৰুতগতিত আমাৰ অৰ্থনীতি আৰু অভ্যাসৰ অংশ হৈ পৰিছে। এতিয়া, সৰু চহৰবোৰত আৰু বেছিভাগ গাওঁতে, মানুহে ইউ.পি.আই.-ৰ দ্বাৰা লেনদেন কৰি আছে। ডিজিটেল অৰ্থনীতিয়েও দেশত এক সংস্কৃতি ৰচনা কৰিছে। ৰাস্তাৰ কোণৰ সৰু দোকানবোৰত ডিজিটেল পৰিশোধৰ সৈতে, তেওঁলোকৰ বাবে অধিক সংখ্যক গ্ৰাহকক সেৱা আগবঢ়োৱা সহজ হৈ পৰিছে। তেওঁলোকে এতিয়া খুচুৰা ধনৰ সমস্যাৰো সন্মুখীন নহয়। আপোনালোকেও দৈনন্দিন জীৱনত ইউপিআইৰ সুবিধা অনুভৱ কৰিব। যিকোনো ঠাইলৈ যাওক, নগদ ধন লৈ যোৱাৰ, বেংকলৈ যোৱাৰ, এটিএম বিচৰাৰ সমস্যা নাই। সকলো পৰিশোধ মোবাইলৰ পৰাই কৰা হয়, কিন্তু, আপুনি কেতিয়াবা ভাবিছেনে যে আপোনালোকৰ এই সৰু অনলাইন পৰিশোধৰ সৈতে দেশত কিমান ডাঙৰ ডিজিটেল অৰ্থনীতিৰ সৃষ্টি হৈছে? বৰ্তমান আমাৰ দেশত প্ৰতিদিনে প্ৰায় ২০,০০০ কোটি টকাৰ লেনদেন হৈ আছে। যোৱা বছৰৰ মাৰ্চ মাহত, ইউ.পি.আই.ৰ লেনদেন প্ৰায় ১০ লাখ কোটি টকাত উপনীত হৈছিল। এইটোৱে দেশত সুবিধা বৃদ্ধি কৰিছে আৰু সততাৰ পৰিৱেশো সৃষ্টি কৰিছে। এতিয়া দেশত ফিন-টেকৰ সৈতে সম্পৰ্কিত বহুতো নতুন ষ্টাৰ্ট-আপো মুকলি হৈছে। মই বিচাৰিম যে যদি আপোনাৰো ডিজিটেল পৰিশোধ আৰু ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰৰ এই শক্তিৰ সৈতে সম্পৰ্কিত অভিজ্ঞতা আছে, তেন্তে সেইবোৰ ভাগ বতৰা কৰক। আপোনাৰ অভিজ্ঞতা আন বহুতো দেশবাসীৰ বাবে অনুপ্ৰেৰণা হ'ব পাৰে। মোৰ মৰমৰ দেশবাসীসকল, প্ৰযুক্তিৰ শক্তিয়ে কেনেদৰে সাধাৰণ মানুহৰ জীৱন সলনি কৰি আছে, আমি আমাৰ চাৰিওফালে নিৰন্তৰে দেখিবলৈ পাইছো। প্ৰযুক্তিয়ে আন এটা মহান কাম কৰিছে। দিব্যাংগ সহকৰ্মীসকলৰ অসাধাৰণ সামৰ্থ্যৰ লাভালাভ দেশ আৰু বিশ্বলৈ অনাৰ কাম কৰিছে। আমাৰ দিব্যাংগ ভাই-ভনীসকলে কি কৰিব পাৰে, আমি টকিঅ' পেৰালিম্পিকত দেখিছোঁ। ক্ৰীড়াৰ দৰে, দিব্যাংগ অংশীদাৰসকলে কলা, শিক্ষা আৰু আন বহুতো ক্ষেত্ৰত আশ্চৰ্যকৰ কাম কৰি আছে, কিন্তু, যেতিয়া এই সহকৰ্মীসকলে প্ৰযুক্তিৰ শক্তি লাভ কৰে, তেওঁলোকে তাতোকৈও ডাঙৰ কাম কৰিব পাৰে। সেয়েহে, দেশখনত আজিকালি দিব্যাংগসকলৰ বাবে সম্পদ আৰু আন্তঃগাঁথনি সুলভ কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলিব ধৰিছে। দেশত বহুতো ষ্টাৰ্ট-আপ আৰু সংগঠন আছে যিয়ে এই দিশত অনুপ্ৰেৰণামূলক কাম কৰি আছে। এনে এটা প্ৰতিষ্ঠান হৈছে Voice of specially-abled people, এই সংগঠনটোৱে সহায়ক প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন সুযোগৰ প্ৰচাৰ কৰি আছে। যিসকল অন্য ধৰণে সক্ষম শিল্পী, তেওঁলোকৰ কাম বিশ্বলৈ লৈ যোৱাৰ বাবে এক অভিনৱ আৰম্ভণিও কৰা হৈছে। বিশেষভাৱে সক্ষম লোকসকলৰ কণ্ঠই এই শিল্পীসকলৰ চিত্ৰকলাৰ এটা ডিজিটেল কলা বিথীকা প্ৰস্তুত কৰিছে। এই কলা বিথীকাটো হৈছে অন্য বেলেগ ধৰণে সক্ষম অংশীদাৰসকলৰ অসাধাৰণ প্ৰতিভাৰে সমৃদ্ধ আৰু তেওঁলোকৰ কিমান অসাধাৰণ ক্ষমতা আছে তাৰ এক উদাহৰণ। দিব্যাংগ সহকৰ্মীসকলৰ জীৱনত কি প্ৰত্যাহ্বান আছে, ইয়াৰ ঊৰ্ধলৈ তেওঁলোকে ক'ত উপনীত হ'ব পাৰে! এই চিত্ৰসমূহত এনে বহুতো বিষয় অনুভৱ কৰিব পাৰি। যদি আপুনি এজন দিব্যাংগ লোকক জানে, তেওঁলোকৰ প্ৰতিভা জানে, তেন্তে ডিজিটেল প্ৰযুক্তিৰ সহায়ত, আপুনি তেওঁক বিশ্বৰ সন্মুখলৈ আনিব পাৰে। যিসকল দিব্যাংগ অংশীদাৰ, তেওঁলোক এনে প্ৰচেষ্টাৰ সৈতেও জড়িত হ'ব লাগিব। মোৰ মৰমৰ দেশবাসীসকল, দেশৰ বেছিভাগ ঠাইত উত্তাপ অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। এই বৰ্ধিত তাপে পানী সঞ্চয় কৰাৰ দায়িত্বও সিমানেই বৃদ্ধি কৰে। হয়তো আপুনি এতিয়া য'ত আছে তাত পৰ্যাপ্ত পানী উপলব্ধ আছে। কিন্তু, আপুনি পানীৰ সংকটৰ ঠাইসমূহত বাস কৰা কোটি কোটি লোকৰ কথা সদায় মনত ৰাখিব লাগিব, যাৰ বাবে পানীৰ প্ৰতিটো টোপাল অমৃতৰ সমান। বন্ধুসকল, স্বাধীনতাৰ ৭৫ তম বৰ্ষত, স্বাধীনতাৰ অমৃত মহোৎসৱত, দেশখন আগবাঢ়ি যোৱাৰ সংকল্পসমূহৰ ভিতৰত পানী সংৰক্ষণ হৈছে আন এক সংকল্প। অমৃত মহোৎসৱৰ সময়ত দেশৰ প্ৰতিখন জিলাতে ৭৫ টা অমৃত সৰোবৰ নিৰ্মাণ কৰা হ'ব। আপোনালোকে কল্পনা কৰিব পাৰে যে এইটো কিমান ডাঙৰ অভিযান। সেই দিনটো বেছি দূৰ নহয় যেতিয়া আপোনালোকৰ নিজৰ চহৰত ৭৫ টা অমৃত সৰোবৰ লাভ কৰিব। মই আপোনালোক সকলোকে আৰু বিশেষকৈ যুৱচামক এই অভিযানৰ বিষয়ে জানিবলৈ আৰু ইয়াৰ দায়িত্ব লোৱাটো বিচাৰিম। যদি আপোনালোকৰ এলেকাত স্বাধীনতা সংগ্ৰাম, যুঁজাৰুৰ স্মৃতিৰ সৈতে কোনো ইতিহাস জড়িত আছে, তেন্তে আপোনালোকে ইয়াক অমৃত সৰোবৰৰ সৈতেও সংযোগ কৰিব পাৰে। অৱশ্যে, মই জানি আনন্দিত হৈছো যে অমৃত সৰোবৰৰ সংকল্প গ্ৰহণ কৰাৰ পিছত, বহু ঠাইত ইয়াৰ কাম দ্ৰুতগতিত আৰম্ভ হৈছে। মই উত্তৰ প্ৰদেশৰ ৰামপুৰৰ গ্ৰাম পঞ্চায়ত পাটৱাইৰ বিষয়ে তথ্য লাভ কৰিছো। গ্ৰাম পঞ্চায়তৰ ভূমিত এটা পুখুৰী আছিল, কিন্তু ই লেতেৰা আৰু আৱৰ্জনাৰে ভৰা আছিল। যোৱা কেইসপ্তাহমানত অতি কঠোৰ পৰিশ্ৰম কৰি, স্থানীয় লোকসকলৰ সহায়ত, স্থানীয় বিদ্যালয়ৰ শিশুসকলৰ সহায়ত, সেই লেতেৰা পুখুৰীটো পুনৰুজ্জীৱিত কৰা হৈছে। এতিয়া, সেই পুখুৰীৰ পাৰত থকা ৰিটেইনিং ৱাল, বাউণ্ডেৰী ৱাল, ফুড কোৰ্ট, ফাউণ্টেইন আৰু আলোকসজ্বাৰ দৰে বহু ব্যৱস্থা কৰা হৈছে। এই প্ৰচেষ্টাৰ বাবে মই ৰামপুৰৰ পাটৱাই গ্ৰাম পঞ্চায়ত, গাওঁখনৰ লোকসকল, তাত থকা শিশুসকলক অভিনন্দন জনাইছো। বন্ধুসকল, পানীৰ উপলব্ধতা আৰু পানীৰ অভাৱ, এইবোৰে যিকোনো দেশৰ প্ৰগতি আৰু গতি নিৰ্ধাৰণ কৰে। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে 'মন কী বাত'ত, মই অনাময়ৰ লগতে বাৰে বাৰে পানী সংৰক্ষণৰ দৰে বিষয়ৰ বিষয়ে কথা পাতিছো। এই বিষয়ে আমাৰ শাস্ত্ৰত স্পষ্টকৈ কোৱা হৈছে – পানীয়ম পৰমম লোকে, জীৱানাম জীৱনম সমৃতম ৷৷ অৰ্থাৎ পৃথিৱীত পানী হৈছে প্ৰতিটো জীৱৰ জীৱনৰ আধাৰ, আৰু পানীও আটাইতকৈ ডাঙৰ সম্পদ, সেয়েহে আমাৰ পূৰ্বপুৰুষসকলে পানী সংৰক্ষণৰ ওপৰত ইমান গুৰুত্ব আৰোপ কৰিছিল। বেদৰ পৰা পুৰাণলৈকে, সকলো ঠাইতে পানী সংৰক্ষণ কৰিবলৈ, পুখুৰী, হ্ৰদ আদি নিৰ্মাণ কৰিবলৈ, মানুহৰ সামাজিক আৰু আধ্যাত্মিক কৰ্তব্য বৰ্ণনা কৰা হৈছে। বাল্মীকি ৰামায়ণত পানীৰ উৎস সংযোগ, পানী সংৰক্ষণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। একেদৰে, ইতিহাসৰ শিক্ষাৰ্থীসকলে জানিব যে সিন্ধু-সৰস্বতী আৰু হৰপ্পা সভ্যতাৰ সময়তো ভাৰতত পানীক লৈ কিমান উন্নত অভিযান্ত্ৰিক কাম কৰা হৈছিল। প্ৰাচীন কালত, বহুতো চহৰত পানীৰ উৎসৰ এক আন্তঃসংযোগ প্ৰণালী আছিল আৰু সেই সময়ত জনসংখ্যা অধিক নাছিল, প্ৰাকৃতিক সম্পদৰ কোনো অভাৱ নাছিল, এক প্ৰকাৰে প্ৰচুৰ পৰিমাণে আছিল, তথাপিও, সেই সময়ত, পানী সংৰক্ষণৰ বিষয়ে সজাগতা যথেষ্ট বেছি আছিল। কিন্তু, আজি, পৰিস্থিতি বিপৰীত। মই আপোনালোক সকলোকে আপোনালোকৰ অঞ্চলৰ এনে পুৰণি পুখুৰী, কুঁৱা আৰু হ্ৰদৰ বিষয়ে জানিবলৈ অনুৰোধ জনাইছো। অমৃত সৰোবৰ অভিযানৰ ফলত, পানী সংৰক্ষণৰ লগতে, আপোনালোকৰ এলেকাটো চিনাক্ত কৰা হ'ব। ইয়াৰ ফলত চুবুৰীত, চহৰসমূহত স্থানীয় পৰ্যটনস্থলী বিকশিত হ'ব আৰু মানুহবোৰে ঘূৰি ফুৰিবলৈ ঠাই পাব। বন্ধুসকল, পানীৰ সৈতে সম্পৰ্কিত সকলো প্ৰচেষ্টা আমাৰ ভৱিষ্যতৰ সৈতে সম্পৰ্কিত। এয়া গোটেই সমাজৰ দায়িত্ব। বহু শতাব্দী ধৰি, বিভিন্ন সমাজ, বিভিন্ন প্ৰচেষ্টা নিৰন্তৰভাৱে কৰা হৈছে। উদাহৰণ স্বৰূপে, "কচ্ছৰ ৰণ"ৰ '‘মালধাৰীয়ে" নামৰ এটা জনজাতি পানী সংৰক্ষণৰ বাবে "বৃদাস" নামৰ পদ্ধতিটো ব্যৱহাৰ কৰে। ইয়াৰ অধীনত, সৰু সৰু কুঁৱা নিৰ্মাণ কৰা হয় আৰু ইয়াক সুৰক্ষিত কৰিবলৈ ওচৰতে গছ আৰু বৃক্ষ ৰোপণ কৰা হয়। একেদৰে, মধ্য প্ৰদেশৰ ভিল জনজাতিয়ে পানী সংৰক্ষণৰ বাবে ইয়াৰ এটা ঐতিহাসিক পৰম্পৰা "হালমা" ব্যৱহাৰ কৰে। এই পৰম্পৰাৰ অধীনত, এই জাতিৰ লোকসকলে পানী সম্পৰ্কীয় সমস্যাবোৰৰ সমাধান বিচাৰি এটা ঠাইত একত্ৰিত হয়। হালমা পৰম্পৰাৰ পৰা প্ৰাপ্ত পৰামৰ্শৰ বাবে, অঞ্চলটোত পানীৰ সংকট হ্ৰাস পাইছে আৰু ভূগৰ্ভস্থ পানীৰ স্তৰো বৃদ্ধি পাইছে। বন্ধুসকল, যদি এনে কৰ্তব্যৰ অনুভূতি সকলোৰে মনলৈ আহে, তেন্তে পানীৰ সংকটৰ সৈতে সম্পৰ্কিত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানবোৰ সমাধান কৰিব পাৰি। আমি স্বাধীনতাৰ অমৃত মহোৎসৱত পানী সংৰক্ষণ আৰু জীৱন ৰক্ষাৰ প্ৰতিশ্ৰুতি লওঁ আহক। আমি প্ৰতিটো টোপাল পানী ৰাহি কৰিম আৰু প্ৰতিটো জীৱন ৰক্ষা কৰিম। মোৰ মৰমৰ দেশবাসী, আপুনি নিশ্চয় দেখিছে যে কেইদিনমান আগতে মই মোৰ যুৱ বন্ধুবৰ্গৰ সৈতে, শিক্ষাৰ্থীসকলৰ সৈতে 'পৰীক্ষাৰ বিষয়ে' আলোচনা কৰিছিলো। এই আলোচনাৰ সময়ত, কিছুমান শিক্ষাৰ্থীয়ে কৈছিল যে তেওঁলোকে পৰীক্ষাত গণিতক ভয় কৰে। বহুতো শিক্ষাৰ্থীয়ে মোলৈ একে ধৰণৰ বাৰ্তা প্ৰেৰণ কৰিছিল। সেই সময়তে মই সিদ্ধান্ত লৈছিলো যে মই নিশ্চিতভাৱে এই বাৰৰ 'মন কী বাত'ত গণিতৰ বিষয়ে আলোচনা কৰিম। বন্ধুসকল, গণিত হৈছে এনে এটা বিষয় যাৰ সৈতে আমি ভাৰতীয়সকলৰ বাবে আটাইতকৈ সহজ হোৱা উচিত। যি কি নহওক, ভাৰতৰ জনসাধাৰণে গণিতৰ বিষয়ে সমগ্ৰ বিশ্বলৈ আটাইতকৈ বেছি গৱেষণা আৰু অৱদান আগবঢ়াইছে। আপোনালোকে নিশ্চয় শূন্যৰ আৱিষ্কাৰ আৰু গুৰুত্বৰ বিষয়ে বহুত শুনিছে ৷ আপোনালোকে প্ৰায়েই এইটোও শুনিব যে যদি শূন্য আৱিষ্কাৰ কৰা নহ'লহেঁতেন, তেন্তে আমি হয়তো পৃথিৱীত এনে বৈজ্ঞানিক প্ৰগতি দেখা নাপালোঁহেঁতেন। কেলকুলাছৰ পৰা কম্পিউটাৰলৈকে, এই সকলো বোৰ বৈজ্ঞানিক আৱিষ্কাৰ শূন্যৰ ওপৰত আধাৰিত। ভাৰতৰ গণিতজ্ঞ আৰু পণ্ডিতসকলে আনকি ইয়াকো লিখিছে যে – যত কিঞ্চিত বস্তু তত সৰ্ব, গণিতেন বিনা নহি ! অৰ্থাৎ, এই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত থকা সকলোবোৰ বস্তু গণিতৰ ওপৰত আধাৰিত। যদি আপোনালোকৰ বিজ্ঞানৰ অধ্যয়নবোৰ মনত আছে, ইয়াৰ অৰ্থ বুজি পাব। বিজ্ঞানৰ প্ৰতিটো নীতি এটা গাণিতিক সূত্ৰত প্ৰকাশ কৰা হয়। নিউটনৰ সূত্ৰই হওঁক, আইনষ্টাইনৰ বিখ্যাত সমীকৰণেই হওঁক, বিশ্বব্ৰহ্মাণ্ডৰ সৈতে সম্পৰ্কিত সকলো বিজ্ঞান হৈছে গণিত। এতিয়া আনকি বিজ্ঞানীসকলেও সকলো বস্তুৰ তত্ত্ব, অৰ্থাৎ একক সূত্ৰৰ বিষয়ে আলোচনা কৰে যাৰ পৰা বিশ্বব্ৰহ্মাণ্ডৰ সকলোবোৰ তথ্য প্ৰকাশ কৰিব পাৰি। আমাৰ ঋষিসকলে সদায় গণিতৰ জৰিয়তে বৈজ্ঞানিক বুজাবুজিৰ এনে সম্প্ৰসাৰণৰ কল্পনা কৰি আহিছে। যদি আমি শূন্য উদ্ভাৱন কৰোঁ, আমি অসীম, অৰ্থাৎ অনন্তও প্ৰকাশ কৰিছো। সাধাৰণ ভাষাত, যেতিয়া আমি সংখ্যা আৰু অংকৰ কথা কওঁ, আমি এক নিযুত, বিলিয়ন আৰু ট্ৰিলিয়ন লৈকে কথা কওঁ আৰু চিন্তা কৰোঁ, কিন্তু, বেদ আৰু ভাৰতীয় গণিতত, এই গণনাবোৰ বহুদূৰ আগুৱাই যায়। আমাৰ ইয়াত এটা অতি পুৰণি শ্লোক আছে – একং দশং শতং চৈব, সহস্ৰম অযুতং তথা ৷ লক্ষং চ নিযুতং চৈব, কোটিঃ অৰ্বুদম এব চ ৷৷ বৃন্দ খৰ্বো নিখৰ্বঃ চ, শঙ্খঃ পদ্মঃ চ সাগৰঃ ৷৷ অন্ত্যং মধ্যং পৰাৰ্ধঃ চ, দশ বৃদ্ধ্যা যথা ক্ৰমম ৷৷ এই শ্লোকত সংখ্যাৰ ক্ৰমৰ বিষয়ে কোৱা হৈছে ৷ যেনে- এক, দহ, শ, হাজাৰ আৰু অযুত ! লাখ, নিযুত আৰু কোটি ৷ এনেদৰেই এই সংখ্যাবোৰ হয় – শংখ, পদ্ম আৰু সাগৰলৈ। এটা সাগৰৰ অৰ্থ হৈছে ১০ ৰ ঘাট ৫৭। কেৱল এয়াই নহয়, ওঘ আৰু মহৌঘৰ দৰে সংখ্যাও আছে। এটা মহৌঘ হৈছে – ১০ ৰ ঘাট ৬২ ৰ সমান, অৰ্থাৎ একৰ পিছত বাষষ্ঠিটা শূন্য। যদি আমি মনত ইমান ডাঙৰ সংখ্যা মগজুৰে কল্পনা কৰোঁ তেন্তে এয়া কঠিন হয়, কিন্তু সেইবোৰ হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতীয় গণিতত ব্যৱহাৰ হৈ আহিছে। মাত্ৰ কেইদিনমান পূৰ্বে, মই ইণ্টেলৰ চিইঅ'ক লগ পাইছিলো। তেওঁ মোক এখন চিত্ৰ দিছিল য'ত বামন অৱতাৰৰ জৰিয়তে গণনা বা জোখৰ একে ধৰণৰ ভাৰতীয় পদ্ধতি দেখুওৱা হৈছিল। যদি ইণ্টেলৰ নাম আহে, তেন্তে কম্পিউটাৰৰ ছবি নিজে নিজে আপোনাৰ মনলৈ আহিব। কম্পিউটাৰৰ ভাষাত আপুনি বাইনাৰী প্ৰণালীৰ বিষয়েও শুনিছে, কিন্তু, আপুনি জানেনে, আমাৰ দেশত আচাৰ্য পিংগলাৰ দৰে ঋষি আছিল, যিয়ে বাইনাৰী কল্পনা কৰিছিল। একেদৰে, আৰ্যভট্টৰ পৰা ৰামানুজনৰ দৰে গণিতজ্ঞলৈকে, আমি গণিতৰ বহুতো নীতিৰ ওপৰত কাম কৰিছো। বন্ধুসকল, গণিত আমাৰ ভাৰতীয়সকলৰ বাবে কেতিয়াও কঠিন বিষয় নহয়, ইয়াৰ এটা ডাঙৰ কাৰণ হৈছে আমাৰ বৈদিক গণিত। আধুনিক সময়ত, বৈদিক গণিতৰ কৃতিত্ব শ্ৰী ভাৰতী কৃষ্ণ তীৰ্থজী মহাৰাজক দিয়া হয়। তেওঁ গণনাৰ প্ৰাচীন পদ্ধতিবোৰ পুনৰুজ্জীৱিত কৰিছিল আৰু ইয়াক বৈদিক গণিত নাম দিছিল। বৈদিক গণিতৰ আটাইতকৈ বিশেষ কথাটো হ'ল যে ইয়াৰ জৰিয়তে আপুনি চকুৰ পলকতে মনৰ ভিতৰতে আটাইতকৈ কঠিন গণনা কৰিব পাৰে। আজিকালি, আপুনি নিশ্চয় এনে বহুতো যুৱক-যুৱতীৰ ভিডিঅ' দেখিছে যিসকলে ছ'চিয়েল মিডিয়াত বৈদিক গণিত শিকে আৰু শিকায়। বন্ধুসকল, আজি 'মন কী বাত'ত বৈদিক গণিত শিকোৱা এজন ব্যক্তিয়ে আমাৰ সৈতে যোগদান কৰিছে। এখেত কলকাতাৰ গৌৰৱ টেকৰিৱাল জী। আৰু যোৱা আঢ়ৈ দশক ধৰি তেওঁ বৈদিক গণিতৰ এই আন্দোলনক অতি নিষ্ঠাৰে আগুৱাই নিছে। তেওঁৰ সৈতে কথা পাতো আহক। মোদীজী – নমস্কাৰ গৌৰৱ জী! গৌৰৱ – নমস্কাৰ মহোদয়! মোদীজী – মই শুনিছো যে আপুনি বৈদিক গণিতৰ প্ৰতি যথেষ্ট আগ্ৰহী, বহুত কিবা কিবি কৰিছে। গতিকে প্ৰথমে মই আপোনাৰ বিষয়ে জানিব বিচাৰো আৰু পিছত মোক ক'ব যে আপুনি এই বিষয়টোত কেনেদৰে আগ্ৰহী? গৌৰৱ – মহোদয়, যেতিয়া মই বিশ বছৰ আগতে এখন ব্যৱসায়িক বিদ্যালয়ৰ বাবে আবেদন কৰিছিলো, ইয়াত চি.এ.টি. নামৰ প্ৰতিযোগিতামূলক পৰীক্ষা হৈছিল। ইয়াত বহুতো অংকৰ প্ৰশ্ন আছিল। যিটো কম সময়ৰ ভিতৰতে কৰিব সমাধা কৰিবলগীয়া হৈছিল। গতিকে মোৰ মায়ে মোক বৈদিক গণিত নামৰ এখন কিতাপ দিছিল। স্বামী শ্ৰী ভাৰতীকৃষ্ণ তীৰ্থ জী মহাৰাজে সেই কিতাপখন লিখিছিল। আৰু তাত তেওঁ ১৬ টা সূত্ৰ দিছিল। য'ত গণিত অতি সৰল আৰু অতি দ্ৰুত হৈ পৰিছিল। যেতিয়া মই সেয়া পঢ়িছিলো, মই যথেষ্ট অনুপ্ৰেৰণা পাইছিলো আৰু তাৰ পিছত মই গণিতৰ প্ৰতি আগ্ৰহী হৈছিলো। মই বুজি পাইছিলো যে এই বিষয়টো, যিটো ভাৰতৰ উপহাৰ, যিটো আমাৰ ঐতিহ্য, বিশ্বৰ প্ৰতিটো কোণলৈ লৈ যাব পাৰি। তেতিয়াৰে পৰা, মই বৈদিক গণিতক পৃথিৱীৰ প্ৰতিটো কোণলৈ লৈ যোৱাটো এটা অভিযানত জড়িত হৈছো। কাৰণ গণিতৰ ভয়ে সকলোকে পীড়িত কৰে। আৰু বৈদিক গণিততকৈ আৰু কি সৰল হ'ব পাৰে। মোদীজী – গৌৰৱ জী, আপুনি ইয়াত কিমান বছৰ ধৰি কাম কৰি আছে? গৌৰৱ- আজি প্ৰায় ২০ বছৰ হ'ল, মহোদয়! মই ইয়াত আছো। মোদীজী – আৰু সজাগতাৰ বাবে আপুনি কি কৰে, আপুনি কি ব্যৱহাৰ কৰে, আপুনি মানুহৰ ওচৰলৈ কেনেকৈ যায়? গৌৰৱ – আমি বিদ্যালয়লৈ যাওঁ, আমি অনলাইন শিক্ষা দিওঁ। আমাৰ সংগঠনটোৰ নাম বৈদিক গণিত ফ'ৰাম ইণ্ডিয়া। সেই সংগঠনটোৰ অধীনত, আমি ইণ্টাৰনেটৰ জৰিয়তে ২৪ ঘণ্টাই বৈদিক গণিত শিকাওঁ, মহোদয়! মোদীজী – গৌৰৱজী, আপুনি জানেনে, মই শিশুসকলৰ সৈতে নিৰন্তৰে বাৰ্তালাপ কৰিবলৈ ভাল পাওঁ আৰু মই এই সুযোগ বিচাৰি থাকো। আৰু পৰীক্ষা যোদ্ধাৰ পৰা, মই ইয়াক এক প্ৰকাৰে প্ৰতিষ্ঠানিক ৰূপ দিছো আৰু মোৰ এইটোও অভিজ্ঞতা আছে যে যেতিয়া মই বেছিভাগ শিশুৰ সৈতে কথা পাওঁ, তেওঁলোকে গণিতৰ নাম শুনিলেই পলাই যায় আৰু সেয়েহে মোৰ প্ৰয়াস হৈছে কোনো কাৰণ নোহোৱাকৈ জন্ম হোৱা এই এটা ভয় আঁতৰ কৰা, এই ভয়টো আঁতৰাব লাগে আৰু সৰু সৰু কৌশল যি পৰম্পৰাগত,যিটো ভাৰতত নতুন নহয়। হয়তো পৃথিৱীৰ প্ৰাচীন পৰম্পৰাত ভাৰতৰ গণিতৰ পৰম্পৰা আছে, গতিকে যদি পৰীক্ষা যোদ্ধাজনৰ ভয় দূৰ কৰিবলগীয়া হয়, তেন্তে আপুনি তেওঁক কি ক'ব? গৌৰৱ – মহোদয়, এইটো শিশুসকলৰ বাবে আটাইতকৈ উপযোগী, কিয়নো, পৰীক্ষাৰ ভয় যি প্ৰতিখন ঘৰতে আছে। পৰীক্ষাৰ বাবে, শিশুৱে টিউচন লয়, অভিভাৱকসকল বিচলিত হয়। শিক্ষকসকলো বিচলিত হৈছে। সেয়েহে, বৈদিক গণিতৰ সৈতে, এই সকলোবোৰ আঁতৰ হৈ পৰে। বৈদিক গণিত এই সৰল গণিততকৈ পোন্ধৰশ শতাংশ দ্ৰুত আৰু ই শিশুসকলৰ মনলৈ যথেষ্ট আত্মবিশ্বাস আনে আৰু মগজুও দ্ৰুত হয়। উদাহৰণ স্বৰূপে, আমি বৈদিক গণিতৰ সৈতে যোগকো পৰিচিত কৰিছো। যাতে যদি শিশুৱে বিচাৰে, তেওঁলোকে বৈদিক গণিত প্ৰণালীৰ জৰিয়তে চকু বন্ধ কৰিও গণনা কৰিব পাৰে। মোদীজী – অৱশ্যে, ধ্যানৰ পৰম্পৰা অনুসৰি, এনেদৰে গণিত কৰাটোও ধ্যানৰ এক প্ৰাথমিক পাঠ্যক্ৰম। গৌৰৱ – সঠিক, মহোদয়! মোদীজী – ঠিক আছে গৌৰৱজী, মোৰ যথেষ্ট ভাল লাগিছে আৰু আপুনি এই কামটো মিছন মোডত আৰম্ভ কৰিছে আৰু বিশেষকৈ আপোনাৰ মাতৃয়ে আপোনাক এজন ভাল গুৰু হিচাপে এই পথত আগুৱাই লৈ গৈছে। আৰু আজি আপুনি লাখ লাখ শিশুক সেই পথত লৈ গৈছে। আপোনালৈ মোৰ শুভেচ্ছা থাকিল। গৌৰৱ – ধন্যবাদ মহোদয়! মই আপোনাক ধন্যবাদ জনাইছো মহোদয়! যে আপুনি বৈদিক গণিতক গুৰুত্ব দিছে আৰু মোক বাছনি কৰিছে! গতিকে আমি অতিশয় কৃতজ্ঞ। মোদীজী – আপোনাক বহুত ধন্যবাদ। নমস্কাৰ। গৌৰৱ – নমস্কাৰ মহোদয়। বন্ধুসকল, গৌৰৱজীয়ে খুব ভালদৰে বৰ্ণনা কৰিলে যে বৈদিক গণিতে কেনেদৰে গণিতক আমোদজনক কৰি তুলিব পাৰে। কেৱল এয়াই নহয়, বৈদিক গণিতৰ দ্বাৰা, আপোনালোকে ডাঙৰ বৈজ্ঞানিক সমস্যাও সমাধান কৰিব পাৰে। মই বিচাৰো যে সকলো অভিভাৱকে তেওঁলোকৰ সন্তানক বৈদিক গণিত শিকাওক। ইয়াৰ সৈতে, তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি হ'ব, তেওঁলোকৰ মগজুৰ বিশ্লেষণাত্মক শক্তিও বৃদ্ধি হ'ব, আৰু হয়, গণিতৰ বিষয়ে কিছুমান শিশুৰ ক্ষেত্ৰত যিকোনো সামান্য ভয় থাকিলেও, সেই ভয়ো সম্পূৰ্ণৰূপে নাইকিয়া হ'ব। মোৰ মৰমৰ দেশবাসীসকল, 'মন কী বাত'ত আজি সংগ্ৰহালয়ৰ পৰা গণিতলৈকে বহুতো জ্ঞানবৰ্ধক বিষয় আলোচনা কৰিলো। এই সকলোবোৰ বিষয় কেৱল আপোনালোকৰ পৰামৰ্শৰ সৈতে 'মন কী বাত'ৰ অংশ হৈ পৰে। আপোনালোকৰ পৰামৰ্শবোৰ একেধৰণে নমো এপ আৰু মাইগভৰ জৰিয়তে মোলৈ প্ৰেৰণ কৰি থাকক। অহা কেইটামান দিনৰ ভিতৰত দেশত ঈদো পালন কৰা হ’ব। অক্ষয় তৃতীয়া আৰু ভগৱান পৰশুৰামৰ জন্ম জয়ন্তীও ৩ মে'ত উদযাপন কৰা হ'ব। কিছুদিনৰ পিছত, বৈশাখ বুধ পূৰ্ণিমা উৎসৱো পালন কৰা হ’ব। এই সকলোবোৰ উৎসৱ হৈছে সংযম, বিশুদ্ধতা, দান আৰু সম্প্ৰীতিৰ উৎসৱ। এই উৎসৱবোৰত আপোনালোক সকলোলৈ অগ্ৰীম শুভেচ্ছা জনাইছো। এই উৎসৱবোৰ অতি আনন্দ আৰু সম্প্ৰীতিৰে উদযাপন কৰক। এই সকলোবোৰৰ মাজত, আপোনালোকে ক’ৰোনাৰ প্ৰতিও সতৰ্ক হ'ব লাগিব। মাস্ক পিন্ধিব, নিয়মীয়া ব্যৱধান পালন কৰিব,হাত ধুব, প্ৰতিৰোধৰ বাবে যি প্ৰয়োজনীয় ব্যৱস্থা আছে সেয়া অনুসৰণ কৰিব। পৰৱৰ্তী 'মন কী বাত'ত, আমি পুনৰ লগ পাম আৰু আপোনালোকে প্ৰেৰণ কৰা কিছুমান নতুন বিষয়ে আলোচনা কৰিম – তেতিয়ালৈ বিদায়। অশেষ ধন্যবাদ।
২৪.০৪.২০২২ তাৰিখে ‘মন কী বাত’ৰ ৮৮তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%AA-%E0%A6%9C%E0%A6%BE%E0%A6%A8%E0%A7%81%E0%A7%B1/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%AA-%E0%A6%9C%E0%A6%BE%E0%A6%A8%E0%A7%81%E0%A7%B1/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ৪ জানুৱাৰীত মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ইম্ফলত ৪৮০০ কোটি টকাৰ অধিক মূল্যৰ ২২টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছতে দুপৰীয়া প্ৰায় ২ বজাত আগৰতলাত তেওঁ মহাৰাজা বীৰ বিক্ৰম বিমান বন্দৰত নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন উদ্বোধন কৰিব আৰু লগতে দুটা গুৰুত্বপূৰ্ণ উন্নয়নমূলক পদক্ষেপৰ শুভাৰম্ভ কৰিব। মণিপুৰত প্ৰধানমন্ত্ৰী মণিপুৰত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৮৫০ কোটি টকাৰ ১৩ টা প্ৰকল্প উদ্বোধন কৰিব আৰু প্ৰায় ২৯৫০ কোটি টকাৰ ৯টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পবোৰ পথ আন্তঃগাঁথনি, খোৱা পানী যোগান, স্বাস্থ্য, নগৰ উন্নয়ন, গৃহ, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ, কলা আৰু সংস্কৃতি আদিৰ দৰে বিভিন্ন খণ্ডৰ সৈতে সম্পৰ্কিত। যাতায়াত ব্যৱস্থা উন্নত কৰাৰ বাবে দেশব্যাপী প্ৰকল্পসমূহৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ১৭০০ কোটি টকাতকৈও অধিক ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। ১১০ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ এই ঘাইপথসমূহৰ নিৰ্মাণ অঞ্চলটোৰ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব। আন এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি হৈছে ৭৫ কোটি টকাৰ অধিক ব্যয়েৰে বৰাক নদীৰ ওপৰত ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ত নিৰ্মাণ কৰা নিৰ্মাণ কৰা ষ্টীলৰ দলং, যিয়ে ইম্ফলৰ পৰা শিলচৰলৈ বছৰজুৰি যাতায়াত ব্যৱস্থা উন্নত কৰিব আৰু যান-জঁট হ্ৰাস কৰিব। এই ষ্টীল দলংখন প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১১০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ২,৩৮৭টা মোবাইল টাৱাৰ মণিপুৰৰ জনসাধাৰণৰ নামত উৎসৰ্গা কৰিব। ৰাজ্যখনৰ মোবাইল সংযোগ ব্যৱস্থা আৰু অধিক উন্নত কৰাৰ ক্ষেত্ৰত এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব। ৰাজ্যখনত খোৱা পানী যোগান প্ৰকল্পৰ উদ্বোধনৰ লগে লগে প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ প্ৰধানমন্ত্ৰীৰ পৰিকল্পনাই সফল ৰূপ পাব। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত আছে ২৮০ কোটি টকাৰ ‘থৌবাল বহুমুখী প্ৰকল্পৰ পানী পৰিবহন প্ৰণালী’, যিয়ে ইম্ফল চহৰক খোৱা পানী যোগান ধৰিব। ৬৫ কোটি টকা ব্যয়েৰে তামেংলং সদৰ কাৰ্যালয়ত নিৰ্মাণ কৰা পানী যোগান প্ৰকল্পৰ জৰিয়তে তামেংলং জিলাৰ বাসিন্দাসকলক সুৰক্ষিত খোৱা পানী যোগান ধৰা হব। ইয়াৰোপৰি ৫১ কোটি টকা ব্যয়েৰে সেনাপতি জিলাত নিৰ্মাণ কৰা পানী যোগান প্ৰকল্পৰ জৰিয়তে অঞ্চলটোৰ বাসিন্দাসকলক নিয়মীয়া পানী যোগান ধৰা হ’ব। ৰাজ্যখনৰ স্বাস্থ্য খণ্ডক শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্বৰ ভিত্তিত প্ৰায় ১৬০ কোটি টকা ব্যয়সাপেক্ষে ইম্ফলত অত্যাধুনিক কেন্সাৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব। এই কৰ্কট চিকিৎসালয়খনে ৰাজ্যবাসীৰ ব্যয় হ্ৰাস কৰাত যথেষ্ট লাভান্বিত কৰিব, যিসকলে কৰ্কট ৰোগ সম্পৰ্কীয় ৰোগ নিৰ্ণয় আৰু চিকিৎসা সেৱা লাভৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাব লগা হয়। লগতে, ৰাজ্যখনত কোভিড সম্পৰ্কীয় আন্তঃগাঁথনি বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীয়ে ডিআৰডিঅ’ৰ সহযোগত প্ৰায় ৩৭ কোটি টকা ব্যয়েৰে কিয়ামগেইত স্থাপন কৰা ২০০ বিছনাযুক্ত কোভিড চিকিৎসালয় উদ্বোধন কৰিব। দেশৰ চহৰসমূহৰ পুনৰুজ্জীৱিতকৰণ আৰু পৰিৱৰ্তনৰ বাবে প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাস্তৱায়নৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে তিনিটা প্ৰকল্পৰ শুভাৰম্ভ কৰিব। এই প্ৰকল্পসমূহ নিৰ্মাণ ব্যয় ১৭০ কোটি টকাতকৈও অধিক। ‘ইম্ফল স্মাৰ্ট চিটি মিছন’ৰ অধীনত নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পসমূহ হৈছে-ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰ (আইচি), ইম্ফল নদীৰ পশ্চিম নদীৰ পাৰৰ উন্নয়ন (প্ৰথম পৰ্যায়) আৰু থাংগল বজাৰত মল ৰোডৰ উন্নয়ন (প্ৰথম পৰ্যায়)। ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰে (আইচি) চহৰখনত বিভিন্ন প্ৰযুক্তি আধাৰিত সেৱা প্ৰদান কৰিব, যাৰ ভিতৰত আছে যান-বাহন ব্যৱস্থাপনা, কঠিন আৱৰ্জনা ব্যৱস্থাপনা আৰু চহৰৰ নিৰীক্ষণ।এই অভিযানৰ অধীনত অন্যান্য উন্নয়নমূলক প্ৰকল্পসমূহে পৰ্যটন আৰু স্থানীয় অৰ্থনীতিক উৎসাহিত কৰিব আৰু নিযুক্তিৰ সুযোগ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত প্ৰায় ২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া ‘ইনভেনচন, ইন’ভেচন ইনকিউবেচন এণ্ড ট্ৰেইনিং কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পটো হৈছে ৰাজ্যখনত চৰকাৰী- বেচৰকাৰী ভিত্তিত নিৰ্মাণ কৰিবলগীয়া আটাইতকৈ ডাঙৰ প্ৰকল্প আৰু ই ৰাজ্যখনত নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ উপৰিও তথ্য প্ৰযুক্তি খণ্ডক আগুৱাই নিব। প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাৰ গুৰগাঁৱত মণিপুৰ ইনষ্টিটিউট অৱ পাৰফৰ্মিং আৰ্টছ নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰিব। মণিপুৰৰ সাংস্কৃতিক ঐতিহ্যক লৈ হাৰিয়ানাত এইধৰণৰ সাংস্কৃতিক প্ৰতিষ্ঠানৰ গঢ় দিয়াৰ পৰিকল্পনা প্ৰথমবাৰৰ বাবে ১৯৯০ চনত লোৱা হৈছিল যদিও ই যোৱা বহু বছৰ ধৰি বাস্তৱায়িত নহ’ল । প্ৰতিষ্ঠানটো ২৪০ কোটি টকাতকৈও অধিক ব্যয়েৰে নিৰ্মাণ কৰা হ’ব আৰু ই ৰাজ্যখনৰ সমৃদ্ধ কলা আৰু সংস্কৃতিৰ প্ৰচাৰ কৰিব। ৰাজ্যখনৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক অধিক শক্তিশালী কৰি প্ৰধানমন্ত্ৰীয়ে ইম্ফলত পুনৰ্নিৰ্মাণ কৰা গোবিন্দজী মন্দিৰ উদ্বোধন কৰিব। তেওঁ মৈৰাঙত আইএনএ কমপ্লেক্স উদ্বোধন কৰিব য’ত ভাৰতৰ স্বাধীনতা আন্দোলনত ভাৰতীয় জাতীয় সেনাই (আইএনএ) পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদৰ্শন কৰা হ’ব। ‘সবকাসাথ-সবকা বিকাশ-সবকা বিশ্বাস’ৰ মন্ত্ৰৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যক্ৰমৰ অধীনত ১৩০ কোটি টকাতকৈ অধিক মূল্যৰ ৭২ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। এই প্ৰকল্পসমূহে সংখ্যালঘু সম্প্ৰদায়সমূহৰ সামগ্ৰিক বিকাশৰ বাবে স্বাস্থ্য আৰু শিক্ষা খণ্ডত আন্তঃগাঁথনিগত সহযোগ আগবঢ়াব। ৰাজ্যখনত হস্ততাঁত উদ্যোগ শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ইম্ফল পূব জিলাৰ নংপোক কাকচিঙত ‘মেগা হস্ততাঁত ক্লাষ্টাৰ’ আৰু মইৰাঙত ‘ক্ৰাফ্ট এণ্ড হস্ততাঁত গাওঁ’ নামৰ ৩৬ কোটি টকাৰ দুটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, যিয়ে ইম্ফল পূব জিলাৰ প্ৰায় ১৭,০০০ শিপিনীক লাভান্বিত কৰিব আৰু বয়ন পৰিয়ালসমূহক সহায় কৰিব। ইয়াৰ ফলত মইৰাঙত পৰ্যটনৰ সম্ভাৱনা বৃদ্ধি পাব। ফলত লোকটাক হ্ৰদত পৰ্যটনৰ প্ৰসাৰ হ’ব আৰু স্থানীয় লোকসকলৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। প্ৰধানমন্ত্ৰীয়ে নতুন চেকনত প্ৰায় ৩৯০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া চৰকাৰী আৱাসিক কোৱাৰ্টাৰ নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰিব। এইটো আধুনিক সুবিধাৰ সৈতে এটা একত্ৰিত হাউচিং কলনী হ’ব। তেওঁ ইম্ফল পূবৰ ইবুধৌমাৰ্জিঙত এটা ৰ’পৱে প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা অন্যান্য প্ৰকল্পসমূহৰ ভিতৰত আছে নতুন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আইটিআই),দক্ষতা বিকাশ আন্তঃগাঁথনি বৃদ্ধিৰ অধীনত কাংপোকপি আৰু তথ্য আৰু জনসম্পৰ্ক সঞ্চালকালয়ৰ এটা নতুন কাৰ্যালয় ভৱন। ত্ৰিপুৰাত প্ৰধানমন্ত্ৰী ত্ৰিপুৰা ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে মহাৰাজা বীৰ বিক্ৰম (এমবিবি) বিমান বন্দৰৰ নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন উদ্বোধন কৰিব আৰু মুখ্য পদক্ষেপসমূহ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে মুখ্য মন্ত্ৰী ত্ৰিপুৰা গ্ৰাম সমৃদ্ধি যোজনা আৰু ১০০খন বিদ্যালয়ত মিছন বিদ্যালয়ত মিছন বিদ্যাজ্যোতি প্ৰকল্পৰ শুভাৰম্ভ কৰিব । প্ৰায় ৪৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰৰ নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল বিল্ডিং হৈছে ৩০,০০০ বৰ্গ মিটাৰজুৰি বিস্তীৰ্ণ এক অত্যাধুনিক ভৱন য’ত আধুনিক সুবিধা আছে আৰু শেহতীয়া আইটি নেটৱৰ্ক ইণ্টিগ্ৰেটেড প্ৰণালীৰ দ্বাৰা সমৰ্থিত। নতুন টাৰ্মিনেল ভৱনটোৰ বিকাশ হৈছে সমগ্ৰ দেশৰ সকলো বিমান বন্দৰত আধুনিক সুবিধা প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীৰ পৰিকল্পনাৰ সৈতে সংগতি ৰাখি এক প্ৰচেষ্টা। বিদ্যাজ্যোতি বিদ্যালয়ৰ প্ৰকল্প মিছন ১০০-ৰ উদ্দেশ্য হৈছে ৰাজ্যখনত ১০০ খন উচ্চ/উচ্চতৰ মাধ্যমিক বিদ্যালয়ক বিদ্যাজ্যোতি বিদ্যালয়লৈ ৰূপান্তৰ কৰি অত্যাধুনিক সুবিধা আৰু মানদণ্ডৰ শিক্ষাৰ সৈতে শিক্ষাৰ মানদণ্ড উন্নত কৰা। প্ৰকল্পটোৱে নাৰ্চাৰীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে প্ৰায় ১.২ লাখ শিক্ষাৰ্থীক সামৰি ল'ব আৰু অহা তিনি বছৰত প্ৰায় ৫০০ কোটি টকা ব্যয় হ’ব। মুখ্যমন্ত্ৰী ত্ৰিপুৰা গ্ৰাম সমৃদ্ধি যোজনাৰ লক্ষ্য হৈছে গাওঁ পৰ্যায়ত গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত সেৱা প্ৰদানৰ ক্ষেত্ৰত মাপকাঠি নিৰ্ধাৰণ কৰা। এই যোজনাৰ বাবে বাছনি কৰা মুখ্য খণ্ডবোৰ হৈছে ঘৰুৱা জল সংযোগ, ঘৰুৱা বিদ্যুৎ সংযোগ, সকলো বতৰৰ উপযোগী পথ, প্ৰতিটো পৰিয়ালৰ বাবে কাৰ্যকৰী শৌচালয়, প্ৰতিটো শিশুৰ বাবে টিকাকৰণৰ পৰামৰ্শ দিয়া, স্ব-সহায়ক গোটত মহিলাৰ অংশগ্ৰহণ ইত্যাদি। বিভিন্ন ক্ষেত্ৰত সেৱা প্ৰদানৰ বাবে মানদণ্ড গঢ়ি তোলাৰ বাবে গাওঁসমূহক উৎসাহিত কৰিব আৰু তৃণমূল পৰ্যায়ত সেৱা প্ৰদান উন্নত কৰাৰ বাবে গাওঁসমূহৰ মাজত স্বাস্থ্যকৰ প্ৰতিযোগিতা গঢ়ি তোলাই হৈছে এই আঁচনিখনৰ উদ্দেশ্য।
প্ৰধানমন্ত্ৰীয়ে ৪ জানুৱাৰীত মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A6%BE%E0%A6%87%E0%A6%A4-%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A7%9F%E0%A6%A8%E0%A6%AE%E0%A7%82%E0%A6%B2%E0%A6%95-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A6%BE%E0%A6%87%E0%A6%A4-%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A7%9F%E0%A6%A8%E0%A6%AE%E0%A7%82%E0%A6%B2%E0%A6%95-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%95/
তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি, মুখ্যমন্ত্ৰী শ্ৰী এম কে ষ্টেলিন, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মন্ত্ৰীবৰ্গ, তামিলনাডু চৰকাৰৰ মন্ত্ৰী, সাংসদ, তামিলনাডু বিধায়কসকল, তামিলনাডুৰ ভাই-ভনীসকল, ৱানককম! তামিলনাডুলৈ অহাটো সদায়য়েই আচৰিত কথা! এয়া বিশেষ ভূমি। ৰাজ্যখনৰ জনসাধাৰণ, সংস্কৃতি আৰু ভাষা অসাধাৰণ। বিখ্যাত ভাৰতীয়াৰে সেয়েহে সুন্দৰকৈ লিখিছিল যেঃ- सेंतमिल नाडु एन्नुम पोथीनीले इन्बा तेन वन्तु पायुतु कादिनीले | বন্ধুসকল, প্ৰতিটো ক্ষেত্ৰতে তামিলনাডুৰ যিকোনো এজন ব্যক্তিয়ে সদায় পাৰদৰ্শিতা দেখুৱাই আহিছে। শেহতীয়াকৈ মই মোৰ বাসগৃহত ইণ্ডিয়ান ডিফ্লিম্পিকছৰ দলটোৰ অভ্যৰ্থনা জনাইছিলো৷ আপোনালোক সকলোৱে জানে এইবাৰৰ প্ৰতিযোগিতাত ভাৰতৰ প্ৰদৰ্শন সৰ্বশ্ৰেষ্ঠ আছিল। কিন্তু, আপুনি জানেনে যে আমি লাভ কৰা ১৬টা পদকৰ ভিতৰত ৬টাই তামিলনাডুৰ যুৱক-যুৱতীসকলৰ অৱদান আছিল! দলটোলৈ আগবঢ়োৱা শ্ৰেষ্ঠ অৱদানসমূহৰ ভিতৰত এয়া অন্যতম। তামিল ভাষা চিৰন্তন আৰু তামিল সংস্কৃতি গ্ল’বেল। চেন্নাইৰ পৰা কানাডালৈকে, মাদুৰাইৰ পৰা মালয়েছিয়ালৈকে, নামক্কালৰ পৰা নিউয়ৰ্কলৈকে, চেলেমৰ পৰা দক্ষিণ আফ্ৰিকালৈকে পংগাল আৰু পুথাণ্ডুৰ উপলক্ষে অতি উত্সাহেৰে পালন কৰা হয়। ফ্ৰান্সৰ কানত এখন চলচ্চিত্ৰ মহোৎসৱ চলি আছে৷ তাত তামিলনাডুৰ এই মহান ভূমিৰ পুত্ৰ থিৰু এল মুৰুগানে পৰম্পৰাগত তামিল সাজ-পোছাকত ৰেড কাৰ্পেটত খোজ কাঢ়িছিল। ই সমগ্ৰ বিশ্বৰ তামিলসকলক অতি গৌৰৱান্বিত কৰি তুলিছিল। বন্ধুসকল, আমি ইয়াত একত্ৰিত হৈ তামিলনাডুৰ উন্নয়ন যাত্ৰাৰ আন এক গৌৰৱময় অধ্যায় উদযাপন কৰিছো৷ একত্ৰিশ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে। আমি মাত্ৰ এই প্ৰকল্পসমূহৰ সবিশেষ দেখিলো, কিন্তু মই কেইটামান কথা ক’ব বিচাৰিছো। পথ নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়াটো স্পষ্টকৈ দেখা গৈছে। আমি এনে কৰিছো কাৰণ ই অৰ্থনৈতিক সমৃদ্ধিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। বাংগালুৰু চেন্নাই এক্সপ্ৰেছৱেই বিকাশৰ দুটা মূল কেন্দ্ৰক সংযোগ কৰিব। চেন্নাই বন্দৰ আৰু মাদুৰাভয়াল সংযোগ কৰা ফ’ৰলেন উচ্চ পথটোৱে চেন্নাই বন্দৰক অধিক কাৰ্যক্ষম কৰি তুলিব আৰু চহৰৰ যান-জঁটমুক্ত কৰিব। নেৰালুৰুৰ পৰা ধৰ্মপুৰী অংশ আৰু মীনসুৰুট্টিৰ পৰা চিদাম্বৰম অংশলৈ সম্প্ৰসাৰণ কৰিলে ইয়াৰ জনতাৰ যথেষ্ট সুবিধা হ’ব। বিশেষকৈ ৫টা ৰে’লৱে ষ্টেচন পুনৰ উন্নয়নৰ কাম চলি থকাৰ বাবে মই আনন্দিত হৈছো। ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই আধুনিকীকৰণ আৰু উন্নয়ন কৰা হৈছে। একে সময়তে ই স্থানীয় কলা-সংস্কৃতিৰ সৈতে মিলি যাব। মাদুৰাই আৰু থেনিৰ মাজত গজ পৰিৱৰ্তনে মোৰ কৃষক ভাই-ভনীসকলক সহায় কৰিব, তেওঁলোকক অধিক বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব। বন্ধুসকল, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঐতিহাসিক চেন্নাই লাইট হাউচ প্ৰকল্পৰ অংশ হিচাপে যিসকল লোকে ঘৰ লাভ কৰিব মই তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিলো৷ আমাৰ বাবে এইটো এটা অতি সন্তুষ্টিদায়ক প্ৰকল্প হৈ পৰিছে। আমি এনে ঘৰবোৰ সুলভ, স্থায়ী আৰু পৰিৱেশ অনুকূল কৰি তোলাৰ ক্ষেত্ৰত উত্তম পদ্ধতিসমূহ জড়িত কৰাৰ বাবে এক বিশ্বজোৰা প্ৰত্যাহ্বান গ্ৰহণ কৰিছিলো। অভিলেখ সময়ত এনে প্ৰথমটো লাইট হাউছ প্ৰকল্প বাস্তৱায়িত হৈছে আৰু চেন্নাইত এইটো হোৱাৰ বাবে মই আনন্দিত৷ তিৰুভাল্লুৰৰ পৰা বাংগালুৰু আৰু এনোৰেৰ পৰা চেংগালপাট্টুলৈকে প্ৰাকৃতিক গেছ পাইপলাইন উদ্বোধনৰ লগে লগে তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ লোকসকলে এলএনজি সহজে লাভ কৰিব৷ দেশৰ অৰ্থনৈতিক বিকাশৰ বাবে আৰু চেন্নাই বন্দৰক অৰ্থনৈতিক উন্নয়নৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰে আজি চেন্নাইত মাল্টি মডেল লজিষ্টিক পাৰ্কৰ আধাৰশিলা স্থাপন কৰা হৈছে। দেশৰ অন্যান্য প্ৰান্তত এনে মাল্টি মডেল লজিষ্টিক পাৰ্ক গঢ়ি তোলাৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই মাল্টি মডেল লজিষ্টিক পাৰ্কসমূহ আমাৰ দেশৰ মালবাহী পৰিৱেশতন্ত্ৰৰ এক আদৰ্শ হ’ব। বিভিন্ন খণ্ডত এই প্ৰতিটো প্ৰকল্পই চাকৰি সৃষ্টি আৰু আমাৰ আত্মনিৰ্ভৰ হোৱাৰ সংকল্পক বৃদ্ধি কৰিব। বন্ধুসকল, মই নিশ্চিত যে আপোনালোকৰ প্ৰত্যেকেই বিচাৰে যে আপোনালোকৰ সন্তানে আপোনালোকতকৈ উন্নত মানদণ্ডৰ জীৱন যাপন কৰক। আপোনালোকৰ প্ৰত্যেকেই আপোনালোকৰ সন্তানৰ বাবে এক গৌৰৱময় ভৱিষ্যত বিচাৰে। তাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ পূৰ্বচৰ্তসমূহৰ ভিতৰত আছে উন্নত মানৰ আন্তঃগাঁথনি। ইতিহাসে আমাক শিকাইছে যে যিবোৰ দেশে আন্তঃগাঁথনিক সৰ্বোচ্চ গুৰুত্ব দিছিল, সেইবোৰে উন্নয়নশীল দেশৰ পৰা উন্নত দেশলৈ পৰিৱৰ্তন হৈছিল। ভাৰত চৰকাৰে উন্নত মানৰ আৰু বহনক্ষম আন্তঃগাঁথনি গঢ়ি তোলাত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিছে। আন্তঃগাঁথনিৰ কথা কওঁতে মই সামাজিক আৰু ভৌতিক দুয়োটা আন্তঃগাঁথনিৰ কথা কৈছো। সামাজিক আন্তঃগাঁথনি উন্নীত কৰি আমি দুখীয়া কল্যাণ সাধন কৰাৰ লক্ষ্য ৰাখিছো। সামাজিক আন্তঃগাঁথনিৰ ওপৰত আমাৰ গুৰুত্বই ‘সৰ্বজন হিতায়, সৰ্বজন সুখায়’ৰ নীতিৰ প্ৰতি আমাৰ দায়বদ্ধতাক সূচায়। আমাৰ চৰকাৰে মূল আঁচনিসমূহৰ জৰিয়তে ১০০শতাংশ লোকক সামৰি লোৱাৰ বাবে কাম কৰি আছো। শৌচাগাৰ, গৃহ নিৰ্মাণ, বিত্তীয় অন্তৰ্ভুক্তি আদি যিখণ্ডই নহওক কিয় আমি সম্পূৰ্ণ কভাৰেজৰ দিশত কাম কৰি আছো। আমি প্ৰতিটো ঘৰলৈ খোৱাপানী সুনিশ্চিত কৰাৰ বাবে কাম কৰি আছো-নলৰ জৰিয়তে পানী৷ আমি যেতিয়া সেই কাম কৰো, তেতিয়া বাদ পেলাই থোৱা বা বৈষম্যৰ কোনো পৰিসৰ বাকী নাথাকে। আৰু ভৌতিক আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিছো, যাতে ভাৰতৰ যুৱক-যুৱতীসকলে সৰ্বাধিক লাভৱান হ’ব৷ ই যুৱক-যুৱতীসকলৰ আশা-আকাংক্ষা পূৰণত সহায় কৰিব আৰু যুৱক-যুৱতীসকলে সম্পদ আৰু মূল্য সৃষ্টিৰ বাবে ব্যৱহাৰ কৰিব। বন্ধুসকল, আমাৰ চৰকাৰে গতানুগতিকভাৱে আন্তঃগাঁথনিৰ পৰা আঁতৰত থাকে৷ কেইবছৰমান আগলৈকে আন্তঃগাঁথনি মানে কেৱল পথ, বিদ্যুৎ আৰু পানীক বুজাইছিল। বৰ্তমান আমি ভাৰতৰ গেছ পাইপলাইন নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে কাম কৰি আছো৷ আই-ৱেজৰ ওপৰত কাম চলি আছে। প্ৰতিখন গাঁৱলৈ হাইস্পীড ইণ্টাৰনেট লৈ যোৱাটো আমাৰ দৃষ্টিভংগী। ইয়াৰ পৰিৱৰ্তনশীল সম্ভাৱনাৰ কথা কল্পনা কৰক। কেইমাহমান আগতে আমি পিএম-গতিশক্তি কাৰ্যসূচী আৰম্ভ কৰিছিলো। এই কাৰ্যসূচীয়ে আগন্তুক বছৰসমূহত ভাৰতত শীৰ্ষ মানৰ আন্তঃগাঁথনি থকাটো নিশ্চিত কৰাৰ লক্ষ্যৰে সকলো অংশীদাৰ আৰু মন্ত্ৰালয়ক একত্ৰিত কৰিব। লালকিল্লাৰ পৰা মই এটা নেচনেল ইনফ্ৰাষ্ট্ৰাকচাৰ পাইপলাইনৰ কথা কৈছিলো৷ এশ লাখ কোটি টকাতকৈও অধিক মূল্যৰ এই প্ৰকল্প। এই দৃষ্টিভংগীক বাস্তৱত পৰিণত কৰাৰ বাবে কাম চলি আছে। চলিত বৰ্ষৰ বাজেটৰ সময়ছোৱাত মূলধনী ব্যয়ৰ বাবে ৭.৫ লাখ কোটি টকা আবণ্টন দিয়া হৈছিল যিটো ঐতিহাসিক বৃদ্ধি। আন্তঃগাঁথনি সৃষ্টি কৰাৰ সমান্তৰালভাৱে আমি এইটোও নিশ্চিত কৰিছো যাতে এই প্ৰকল্পসমূহ সময়মতে আৰু স্বচ্ছভাৱে সম্পূৰ্ণ হয়। বন্ধুসকল, তামিল ভাষা আৰু সংস্কৃতিক অধিক জনপ্ৰিয় কৰাৰ বাবে ভাৰত চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ। চলিত বৰ্ষৰ জানুৱাৰী মাহত চেন্নাইত চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ক্লাছিকেল তামিলৰ নতুন কেম্পাছ উদ্বোধন কৰা হয়। নতুন কেম্পাছটো সম্পূৰ্ণ পুঁজিৰে কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে। ইয়াত এটা বিশাল পুথিভঁৰাল, এটা ই-লাইব্ৰেৰী, চেমিনাৰ হল আৰু এটা মাল্টিমিডিয়া হল আছে। শেহতীয়াকৈ বানাৰস হিন্দু বিশ্ববিদ্যালয়ত তামিল অধ্যয়নৰ ওপৰত এখন ‘সুব্ৰমনিয়া ভাৰতী চকী’ ঘোষণা কৰা হৈছে। যিহেতু ‘ভূ’ মোৰ সমষ্টিত অৱস্থিত, সেইবাবে বিশেষ আনন্দ পাইছো৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ভাৰতীয় ভাষাৰ প্ৰচাৰক বিশেষ গুৰুত্ব প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বাবে কাৰিকৰী আৰু চিকিৎসা পাঠ্যক্ৰম স্থানীয় ভাষাত কৰিব পৰা যায়। ইয়াৰ দ্বাৰা তামিলনাডুৰ যুৱক-যুৱতীসকল উপকৃত হ’ব। বন্ধুসকল, শ্ৰীলংকাই জটিলতাৰ মাজেৰে পাৰ দিন অতিবাহিত কৰিছে৷ মই নিশ্চিত তাৰ ঘটনাবোৰক লৈ আপোনালোক চিন্তিত৷ এক ঘনিষ্ঠ বন্ধু তথা চুবুৰীয়া দেশ হিচাপে ভাৰতে শ্ৰীলংকাক সকলো ধৰণৰ সহায় আগবঢ়াইছে। ইয়াৰ ভিতৰত আছে আৰ্থিক, ইন্ধন, খাদ্য, ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ সহায় উল্লেখযোগ্য। উত্তৰ, পূব আৰু উন্নত দেশৰ তামিলসকলকে ধৰি বহু ভাৰতীয় সংগঠন আৰু ব্যক্তিয়ে শ্ৰীলংকাৰ নিজৰ ভাই-ভনীসকলৰ বাবে সহায় আগবঢ়াইছে। শ্ৰীলংকালৈ অৰ্থনৈতিক সহায় আগবঢ়োৱাৰ বিষয়টো আন্তঃৰাষ্ট্ৰীয় মঞ্চতো ভাৰতে শক্তিশালীভাৱে উত্থাপন কৰিছে। ভাৰতে শ্ৰীলংকাৰ জনসাধাৰণৰ সৈতে থিয় দি শ্ৰীলংকাৰ গণতন্ত্ৰ, স্থিতিশীলতা আৰু অৰ্থনৈতিক পুনৰুদ্ধাৰৰ সমৰ্থন আগবঢ়াই যাব। বন্ধুসকল, কেইবছৰমান পূৰ্বে জাফনালৈ যোৱাটো মই কেতিয়াও নাপাহৰো। মই জাফনা ভ্ৰমণ কৰা প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী আছিলো৷ শ্ৰীলংকাত তামিল জনসাধাৰণক সহায় কৰাৰ বাবে ভাৰত চৰকাৰে অসংখ্য প্ৰকল্প হাতত লৈছে। এই প্ৰকল্পসমূহে স্বাস্থ্যসেৱা, পৰিবহণ, গৃহ নিৰ্মাণ আৰু সংস্কৃতিক সামৰি লয়। বন্ধুসকল, বৰ্তমান আমি আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰিছো। ৭৫বছৰ পূৰ্বে আমি এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে যাত্ৰা আৰম্ভ কৰিছিলো। আমাৰ দেশৰ বাবে আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ বহু সপোন আছিল। সেইবোৰ পূৰণ কৰাটো আমাৰ কৰ্তব্য আৰু মই নিশ্চিত যে আমি সেই উপলক্ষে উঠিপৰি কাম কৰিম। আমি একেলগে ভাৰতক অধিক শক্তিশালী আৰু সমৃদ্ধিশালী কৰিম। আকৌ এবাৰ আজি আৰম্ভ হোৱা উন্নয়নমূলক কামবোৰৰ বাবে সকলোকে অভিনন্দন জ্ঞাপন কৰিলো৷ ৱানক্কম! ধন্যবাদ!
চেন্নাইত উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A7%80/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A7%80/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত বিশ্বব্যাপী আয়ুষ বিনিয়োগ আৰু উদ্ভাৱন সন্মিলনৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবিন্দ কুমাৰ জগনাথ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ড০ টেড্ৰোছ ঘেব্ৰেয়েচাছ উপস্থিত থাকে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়া, শ্ৰী সৰ্বানন্দ সোণোৱাল, শ্ৰী মুঞ্জাপাৰা মহেন্দ্ৰভাই আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল উপস্থিত আছিল। তিনিদিনীয়া সন্মিলনখনত প্ৰায় ৯০ জন বিশিষ্ট বক্তা আৰু ১০০ জন প্ৰদৰ্শকৰ উপস্থিতিৰ সৈতে ৫খন পূৰ্ণাংগ অধিৱেশন, ৮ খন গোলমেজ, ৬ খন কৰ্মশালা আৰু ২ খন আলোচনাচক্ৰ অনুষ্ঠিত হ'ব। এই সন্মিলনে বিনিয়োগৰ সম্ভাৱনা কঢ়িয়াই অনাত সহায় কৰিব, আৰু উদ্ভাৱন, গৱেষণা আৰু বিকাশ, ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰ আৰু সুস্থতা উদ্যোগক উৎসাহ িত কৰিব। ই উদ্যোগপতি, শিক্ষাবিদ আৰু পণ্ডিতসকলক একত্ৰিত কৰাত সহায় কৰিব আৰু ভৱিষ্যতৰ সহযোগিতাৰ মঞ্চ হিচাপে কাম কৰিব। ড০ টেড্ৰোছ ঘেব্ৰেয়েচাছে ৰাজ্য আৰু দেশত মহাত্মা গান্ধীৰ উপস্থিতিত আনন্দ প্ৰকাশ কৰিছিল, যাক তেওঁ 'বিশ্বৰ গৌৰৱ' বুলি অভিহিত কৰিছিল। তেওঁ কয় যে কালি জামনগৰত কোন গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিচনেল মেডিচিন (জিচিটিএম) মুকলি কৰাৰ আঁৰত ভাৰতৰ 'বসুধৈৱ কুটুম্বকম' দৰ্শন হৈছে চালিকা শক্তি। তেওঁ কৈছিল যে কেন্দ্ৰটো স্থাপন ঐতিহাসিক আৰু ই এক ডাঙৰ পৰিৱৰ্তন আনিব। তেওঁ কয় যে প্ৰমাণ, তথ্য আৰু স্থিৰতা আৰু পৰম্পৰাগত ঔষধৰ সৰ্বাধিক ব্যৱহাৰৰ কাৰ্যসূচীৰ প্ৰচাৰৰ বাবে কেন্দ্ৰটো উদ্ভাৱনৰ এক ইঞ্জিন হিচাপে প্ৰস্তুত কৰা হৈছে। মহানিৰ্দেশকগৰাকীয়ে জনস্বাস্থ্যৰ ক্ষেত্ৰত উদ্ভাৱনৰ শক্তি কঢ়িয়াই অনাৰ বাবে প্ৰধানমন্ত্ৰী আৰু ভাৰত চৰকাৰক প্ৰশংসা কৰে। তেওঁ ভাৰতীয় চিকিৎসালয়সমূহত তথ্য আৰু একত্ৰিত তথ্য আদান-প্ৰদান প্ৰণালীৰ ব্যৱহাৰক প্ৰশংসা কৰে। তেওঁ পৰম্পৰাগত ঔষধৰ গৱেষণাৰ বাবে তথ্য সংগ্ৰহৰ মনোভাৱ বৃদ্ধি কৰাৰ বাবে আয়ুষ মন্ত্ৰালয়ক প্ৰশংসা কৰে। আয়ুষ সামগ্ৰীৰ বৰ্ধিত বিশ্বব্যাপী চাহিদা আৰু বিনিয়োগৰ প্ৰতি লক্ষ্য ৰাখি মহানিৰ্দেশকে কয় যে সমগ্ৰ বিশ্ব ভাৰতলৈ আহি আছে আৰু ভাৰত সমগ্ৰ বিশ্বলৈ গৈ আছে। তেওঁ সাধাৰণতে স্বাস্থ্য আৰু বিশেষকৈ পৰম্পৰাগত ঔষধৰ ক্ষেত্ৰত উদ্ভাৱন পৰিস্থিতিতন্ত্ৰত দীৰ্ঘম্যাদী বিনিয়োগত বিনিয়োগ কৰে; উদ্ভাৱক, উদ্যোগ আৰু চৰকাৰে পৰম্পৰাগত ঔষধবোৰ পৰিৱেশগতভাৱে বহনক্ষম আৰু উপযুক্ত প্ৰকাৰে বিকশিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু এই পৰম্পৰাবোৰ বিকশিত কৰা সম্প্ৰদায়বোৰৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যাৰ ভিতৰত আছে এই পৰম্পৰাবোৰ বিকশিত কৰা লোকসকলক বৌদ্ধিক সম্পত্তিৰ লাভালাভ ভাগ-বতৰা কৰা। প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই মহানিৰ্দেশকগৰাকীয়ে সামৰণি মাৰিলে। বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশকগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক কয়, "এই গুৰুত্বপূৰ্ণ পদক্ষেপক সমৰ্থন কৰাৰ বাবে আপোনাক বহুত ধন্যবাদ। মই নিশ্চিত যে কেৱল কেন্দ্ৰই নহয়, আপোনাৰ সমৰ্থনে পৰম্পৰাগত ঔষধৰ ব্যৱহাৰত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব," পৰম্পৰাগত ঔষধৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিৰ বাবে মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবিন্দ কুমাৰ জগনাথক প্ৰশংসা কৰি তেওঁ কয়। তেওঁ আজাদী কা অমৃত মহোৎসৱৰ বছৰত কোনে ৭৫ বছৰ সম্পূৰ্ণ কৰিছিল তাৰ সুখী কাকতালীয় ঘটনাৰ কথাও উল্লেখ কৰে। শ্ৰী প্ৰবিন্দ কুমাৰ জগন্নাথে পৰম্পৰাগত ঔষধৰ ক্ষেত্ৰত ভাৰত আৰু গুজৰাটৰ অৱদানৰ বাবে প্ৰশংসা কৰে। তেওঁ নিজৰ দেশৰ স্বাস্থ্য খণ্ডত ভাৰতৰ সমৰ্থনৰ কথাও উল্লেখ কৰে। ভাৰতৰ সৈতে একে বংশানুক্ৰম দেখি মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দেশত আয়ুৰ্বেদক দিয়া গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ মৰিচাছত এখন আয়ুৰ্বেদিক চিকিৎসালয় স্থাপনৰ বিষয়ে অৱগত কৰে আৰু প্ৰথম লকডাউনৰ সময়ত পৰম্পৰাগত ঔষধ প্ৰদান কৰাৰ বাবে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী প্ৰবিন্দ কুমাৰ জগন্নাথে কয়, "এই সংহতি হৈছে এক আত্মা প্ৰদৰ্শন যাৰ বাবে আমি ভাৰত চৰকাৰ আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ প্ৰতি সদায় কৃতজ্ঞ"। অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বব্যাপী আয়ুষ বিনিয়োগ আৰু উদ্ভাৱন সন্মিলনৰ ধাৰণা তেওঁৰ ওচৰলৈ এনে এক সময়ত আহিছিল যেতিয়া আয়ুষে ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ মানুহৰ সামৰ্থ্য উন্নত কৰিছিল আৰু আয়ুষ সামগ্ৰীৰ আগ্ৰহ আৰু চাহিদা বৃদ্ধি পাইছিল। মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ ভাৰতীয় প্ৰচেষ্টাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "আমি দেখিছো যে তেওঁলোকে সঠিক সময়ত বিনিয়োগ লাভ কৰাৰ সময়ত কিমান মহান কাম কৰিছে, যিবোৰ হৈছে আধুনিক ফাৰ্মা কোম্পানী, ভেকছিন নিৰ্মাতা। কোনে কল্পনা কৰিব পাৰিছিল যে ইমান সোনকালে আমি এটা কৰোনা ভেকছিন বিকশিত কৰিবলৈ সক্ষম হ'ম? " আয়ুষ খণ্ডৰ অগ্ৰগতিৰ বিষয়ে বৰ্ণনা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "আমি ইতিমধ্যে আয়ুষ ঔষধ, পৰিপূৰক আৰু প্ৰসাধন সামগ্ৰীৰ উৎপাদনত অভূতপূৰ্ব বৃদ্ধি দেখিছো। 2014 চনত, য'ত আয়ুষ খণ্ড3 বিলিয়ন ডলাৰৰ কম আছিল, আজি ই 18 বিলিয়ন ডলাৰৰ অধিক হৈছে। তেওঁ কয়, আয়ুষ মন্ত্ৰালয়ে পৰম্পৰাগত ঔষধৰ ক্ষেত্ৰত ষ্টাৰ্টআপ সংস্কৃতিৰ প্ৰচাৰৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদৰ দ্বাৰা বিকশিত এক ইনকিউবেচন কেন্দ্ৰ কিছুদিন পূৰ্বে উদ্বোধন কৰা হৈছে। বৰ্তমানৰ যুগক ব্যক্তিগত ষ্টাৰ্ট-আপ কোম্পানীৰ (ইউনিকৰ্ণ) যুগ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেৱল ২০২২ চনতহে ভাৰতত এতিয়ালৈকে ১৪ টা ষ্টাৰ্ট-আপে ইউনিকৰ্ণ ক্লাবত যোগদান কৰিছে। তেওঁ আশা প্ৰকাশ কৰি কয়, "মই নিশ্চিত যে অতি সোনকালেই আয়ুষৰ আমাৰ ষ্টাৰ্ট-আপৰ পৰাও ইউনিকৰ্ণ ওলাই আহিব। কৃষকৰ উপাৰ্জন আৰু জীৱিকা বৃদ্ধিৰ এক ভাল মাধ্যম হ'ব পাৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "বনৌষধি উৎপাদনৰ সৈতে জড়িত কৃষকসকলক সহজে বজাৰৰ সৈতে সংযোগ স্থাপনৰ অনুমতি দিয়াটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে, চৰকাৰে আয়ুষ ই-বজাৰ স্থানৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ ওপৰতো কাম কৰি আছে। "ভাৰত হৈছে বনৌষধিৰ ভাণ্ডাৰ, ই এক প্ৰকাৰে আমাৰ 'সেউজীয়া সোণ'। " প্ৰধানমন্ত্ৰীয়ে আয়ুষ সামগ্ৰীৰ ৰপ্তানি বৃদ্ধিৰ বাবে বিগত বছৰবোৰত কৰা অভূতপূৰ্ব প্ৰচেষ্টাৰ কথা কয়। আন দেশৰ সৈতে আয়ুষ ঔষধৰ পাৰস্পৰিক স্বীকৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ বাবে যোৱা কেইবছৰমানত বিভিন্ন দেশৰ সৈতে ৫০ খনতকৈও অধিক বুজাবুজিচুক্তি স্বাক্ষৰিত হৈছে। "আমাৰ আয়ুষ বিশেষজ্ঞসকলে ভাৰতীয় মানদণ্ড ব্যুৰোৰ সহযোগত আইএছঅ' মানদণ্ড বিকশিত কৰি আছে। ই ১৫০ খনতকৈও অধিক দেশত আয়ুষৰ বাবে এটা বৃহৎ ৰপ্তানি বজাৰ মুকলি কৰিব। " শ্ৰী মোদীয়ে লগতে জনায় যে এফএছএছএআইয়ে যোৱা সপ্তাহত ইয়াৰ নিয়মত 'আয়ুষ ডায়েট' নামৰ এটা নতুন শ্ৰেণী ঘোষণা কৰিছে। ই ভেষজ পুষ্টি পৰিপূৰকৰ উৎপাদকসকলক যথেষ্ট সহায় কৰিব। একেদৰে, ভাৰতেও এক বিশেষ আয়ুষ চিহ্ন প্ৰস্তুত কৰিবলৈ গৈ আছে। ভাৰতত তৈয়াৰ কৰা সৰ্বোচ্চ মানদণ্ডৰ আয়ুষ সামগ্ৰীৰ ওপৰত চিহ্নটো আৰোপ কৰা হ'ব। এই আয়ুষ চিহ্নটো আধুনিক প্ৰযুক্তিৰ ব্যৱস্থাৰে সজ্জিত হ'ব। "ই সমগ্ৰ বিশ্বৰ লোকসকলক আয়ুষ সামগ্ৰীৰ মানদণ্ডৰ আত্মবিশ্বাস প্ৰদান কৰিব। " প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে চৰকাৰে সমগ্ৰ দেশতে আয়ুষ সামগ্ৰীৰ প্ৰচাৰ, গৱেষণা আৰু উৎপাদনত উদগনি দিয়াৰ বাবে আয়ুষ উদ্যানৰ এক নেটৱৰ্ক বিকশিত কৰিব। এই আয়ুষ উদ্যানসমূহে ভাৰতত আয়ুষ উৎপাদনক এক নতুন দিশ প্ৰদান কৰিব। পৰম্পৰাগত ঔষধৰ সম্ভাৱনা সম্পৰ্কে আলোচনা অব্যাহত ৰাখি প্ৰধানমন্ত্ৰীয়ে কয়, পৰম্পৰাগত ঔষধে কেৰালাৰ পৰ্যটন বৃদ্ধিত সহায় কৰিছে। এয়া সমগ্ৰ ভাৰতত, ভাৰতৰ প্ৰতিটো কোণত আছে। 'হেইল ইন ইণ্ডিয়া' এই দশকৰ এটা ডাঙৰ ব্ৰেণ্ড হ'ব পাৰে। তেওঁ কয় যে আয়ুৰ্বেদ, উনানী, সিদ্ধ আদিৰ ওপৰত আধাৰিত স্বাস্থ্য কেন্দ্ৰসমূহ অতি জনপ্ৰিয় হ'ব পাৰে। যিসকল বিদেশী নাগৰিকে ভাৰতলৈ আহি আয়ুষ ঔষধৰ সুবিধা ল'ব বিচাৰে, চৰকাৰে আন এক পদক্ষেপ গ্ৰহণ কৰিছে। শীঘ্ৰেই, ভাৰতে এক বিশেষ আয়ুষ ভিছা শ্ৰেণী প্ৰৱৰ্তন কৰিব। এইটোৱে মানুহক আয়ুষ ঔষধৰ বাবে ভাৰতৰ পৰা অহা-যোৱা কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে আয়ুষ চিকিৎসাৰ পিছত কেনিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাইলা ওডিঙ্গাৰ কন্যা ৰোজমেৰী ওডিঙ্গাৰ দৃষ্টিশক্তি ঘূৰাই অনাত আয়ুৰ্বেদৰ সফলতাৰ কাহিনীও বৰ্ণনা কৰে। ৰোজমেৰী ওডিঙ্গা দৰ্শকৰ মাজত উপস্থিত আছিল আৰু প্ৰধানমন্ত্ৰীয়ে তেওঁক পৰিচয় কৰাই দিছিল আৰু ৰাইজে তেওঁক প্ৰশংসাৰে আদৰণি জনাইছিল। তেওঁ লগতে কয় যে একবিংশ শতিকাৰ ভাৰতে ইয়াৰ অভিজ্ঞতা আৰু ইয়াৰ জ্ঞান বিশ্বৰ সৈতে ভাগ বতৰা কৰি আগবাঢ়িব বিচাৰে। "আমাৰ ঐতিহ্য সমগ্ৰ মানৱজাতিৰ বাবে এক উত্তৰাধিকাৰীৰ দৰে। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে আয়ুৰ্বেদৰ সমৃদ্ধিৰ অন্যতম মুখ্য কাৰণ হৈছে ইয়াৰ মুক্ত উৎসআৰ্হি। তথ্য প্ৰযুক্তি খণ্ডৰ মুক্ত উৎস আন্দোলনৰ সৈতে ইয়াক তুলনা কৰি প্ৰধানমন্ত্ৰীয়ে আয়ুৰ্বেদ পৰম্পৰা ইয়াৰ জ্ঞান বিনিময়ৰ বাহিৰেও শক্তিশালী হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ তেওঁৰ পূৰ্বপুৰুষৰ পৰা অনুপ্ৰেৰণা লোৱাৰ সময়ত একে ধৰণৰ মুক্ত উৎসৰ অনুভূতিৰে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিছিল। তেওঁ আশা ব্যক্ত কৰে যে অমৃত কালৰ পৰৱৰ্তী ২৫ বছৰ পৰম্পৰাগত ঔষধৰ সোণালী সময় হিচাপে প্ৰমাণিত হ'ব। প্ৰধানমন্ত্ৰীৰ ভাষণৰ সামৰণি পৰিল অতি ব্যক্তিগত আৰু আকৰ্ষণীয় মন্তব্যৰে। ভাৰতৰ প্ৰতি ড০ টেড্ৰোছ ঘেব্ৰেয়েচাছৰ প্ৰেম আৰু তেওঁৰ ভাৰতীয় শিক্ষকসকলৰ প্ৰতি তেওঁৰ সন্মান আৰু গুজৰাটৰ প্ৰতি তেওঁৰ মৰমৰ কথা বৰ্ণনা কৰি শ্ৰী মোদীয়ে তেওঁক এটা গুজৰাটী নাম 'তুলসী ভাই' প্ৰদান কৰে। তেওঁ দৰ্শক আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ আনন্দিত মহানিৰ্দেশকক ভাৰতীয় পৰম্পৰাত তুলসীৰ শুভ আৰু উৎকৃষ্ট মৰ্যাদাৰ বিষয়ে অৱগত কৰে আৰু তেওঁক আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবিন্দ কুমাৰ জগনাথক তেওঁৰ উপস্থিতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত বিশ্বব্যাপী আয়ুষ বিনিয়োগ আৰু উদ্ভাৱন সন্মিলন উদ্বোধন কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%8B%E0%A7%B0%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%97%E0%A6%A3%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF-%E0%A6%AD%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A3%E0%A7%B0-%E0%A6%B8%E0%A6%AE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%8B%E0%A7%B0%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%97%E0%A6%A3%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF-%E0%A6%AD%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A3%E0%A7%B0-%E0%A6%B8%E0%A6%AE/
মহামান্য ৰাষ্ট্ৰপতি, মুন-জে-ইন সন্মানীয় প্ৰতিধিনিসকল, বন্ধুসকল, আনয়োং হা-সেয়ো! নমস্কাৰ! কোৰিয়ালৈ অহাৰ বাবে নিমন্ত্ৰণ প্ৰেৰণ কৰাৰ বাবে আৰু এই উষ্ম সম্ভাষণৰ বাবে মই ৰাষ্ট্ৰপতি মুনক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো৷ মই পূৰ্বতেও বহু বাৰ কৈছিলো, যেতিয়া মই প্ৰধানমন্ত্ৰীৰ পদত নাছিলো তেতিয়াৰে পৰাই মই ভাৰতৰ বিকাশৰ বাবে কোৰিয়াৰ মডেল সবাতোকৈ অনুকৰণীয় বুলি মানি আহিছো৷ আৰু সেইবাবে কোৰিয়ালৈ কৰা যাত্ৰা মোৰ বাবে সদায়েই প্ৰসন্নদায়ক হয়৷ বন্ধুসকল, যোৱা বছৰত জুলাইত ৰাষ্ট্ৰপতি মুনক ভাৰতত স্বাগতম জনোৱাৰ সৌভাগ্য লাভ কৰিছিলো৷ ইষ্ট এছিয়া ছামিট আৰু জি২০ৰ সন্মিলনৰ সময়তো আমাৰ সাক্ষাৎ হৈছিল৷ মই অনুভৱ কৰিছো যে ভাৰতৰ এক্ট ইষ্ট নীতি আৰু কোৰিয়াৰ নিউ ছাউডাৰ্ণ নীতিৰ মিলাপে আমাৰ বিশেষ কূটনৈতিক সহযোগিতাক অধিক দৃঢ় কৰিব৷ ইণ্ডো-পেচিফিক বিষয়ত ভাৰতৰ বীক্ষণৰ সমাবেশন, আছিয়ানৰ কেন্দ্ৰীয়তা আৰু সহযোগিতা সমৃদ্ধিত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে৷ এয়া এক এনে ক্ষেত্ৰ য’ত ভাৰত আৰু কোৰিয়াই সহযোগিতা মূল্যবোধ আৰু হিতৰ ভিত্তিত সমগ্ৰ ক্ষেত্ৰ তথা বিশ্বৰ লাভৰ বাবে একত্ৰিত হৈ কাম কৰিব পাৰে৷ আৰু মই সুখী যে যোৱা বছৰত ৰাষ্ট্ৰপতি মহোদয়ৰ ভাৰত যাত্ৰাৰ পিছত অতি কম সময়ৰ ভিতৰতে আমি সম্পৰ্কৰ উল্লেখযোগ্য ধৰণে বিকশিত কৰিছো৷ এই প্ৰগতি আৰু ভৱিষ্যতে আমাৰ সম্পৰ্কৰ ৰোডমেপ, জনতা, শান্তি আৰু উন্নতিৰ আমাৰ সহযোগিতা বীক্ষণৰ ওপৰত আধাৰিত হৈছে৷ বন্ধুসকল, যোৱা সপ্তাহত ভাৰতত পুলৱামাত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত ৰাষ্ট্ৰপতি মুনৰ সংবেদন তথা সমৰ্থনৰ বাৰ্তাৰ বাবে আমি তেওঁৰ ওচৰত কৃতজ্ঞ৷ আমি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমাৰ দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা তথা সমন্বয়ক অধিক শক্তিশালী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷ আজি ভাৰতৰ গৃহ মন্ত্ৰ্যালয় আৰু কোৰিয়াৰ ৰাষ্ট্ৰীয় আৰক্ষী এজেন্সীৰ মাজত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিপত্ৰই সন্ত্ৰাসবাদীক মোকাবিলা কৰাৰ সহযোগিতাক গতি প্ৰদান কৰিব৷ আৰু এতিয়া বিশ্বজনীন সম্প্ৰদায়ৰ সৈতে আলোচনা কৰি এই সমস্যাৰ বিৰুদ্ধে একত্ৰিত হৈ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰাৰ সময় আহি পৰিছে৷ বন্ধুসকল, ভাৰতৰ আৰ্থিক পৰিৱৰ্তনত কোৰিয়াক আৰু গুৰুত্বপূৰ্ণ সহযোগী হিচাপে বিবেচনা কৰো৷ আমাৰ বাণিজ্য আৰু বিনিয়োগৰ সম্বন্ধ বৃদ্ধি হৈ আছে৷ আজি ৰাষ্ট্ৰপতি মুন আৰু মই ২০৩০ চন পৰ্যন্ত আমাৰ দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি কৰি ৫০ বিলিয়ন ডলাৰৰ সীমা স্পৰ্শ কৰাৰ লক্ষ্যৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি দোহাৰিছো৷ আন্তঃগাঁথনি, বন্দৰ উন্নয়ন, সাগৰ আৰু খাদ্য সংসাধন, ষ্টাৰ্ট-আপ আৰু লঘূ আৰু মজলীয়া উদ্যোগৰ দৰে ক্ষেত্ৰত আমি আমাৰ সহযোগিতা বৃদ্ধিত সহমত প্ৰকাশ কৰিছো৷ আমাৰ বৰ্ধিত সামৰিক সহযোগিতাত ৰক্ষা ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ইয়াৰ এক উদাহৰণ ভাৰতীয় স্থল সেনাত কে-৯ ‘বজ্ৰ’ আৰ্টিলেৰী গানৰ অন্তৰ্ভুক্তিত পৰিলক্ষিত কৰিব পাৰি৷ ৰক্ষা উৎপাদনত এই উল্লেথযোগ্য সহযোগিতাক আগবঢ়োৱাৰ বাবে আমি প্ৰতিৰক্ষা প্ৰযুক্তি আৰু সহ-উৎপাদনক এক ৰোডমেপ হিচাপে গঢ়ি তোলাৰ বাবে সহমতি প্ৰকাশ কৰিছো৷ আৰু ইয়াৰ অন্তৰ্গত ভাৰতত নিৰ্মিত প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰত কোৰিয়ান উদ্যোগসমূহৰ সহযোগিতাকো স্বাগতম জনাম৷ বন্ধুসকল, যোৱা বছৰত নৱেম্বৰত আযোধ্যাত আয়োজিত ‘দীপোৎসৱ’ মহোৎসৱত ফাৰ্ষ্ট লেডী কিমে মুখ্য অতিথিৰ ৰূপত অংশগ্ৰহণ কৰি আমাৰ সন্মান বৃদ্ধি কৰিছিল৷ তেওঁৰ সেই যাত্ৰাৰ দ্বাৰা সহস্ৰ বৰ্ষৰ আমাৰ সাংস্কৃতিক সম্পৰ্কত এক নতুন জ্যোতি উদ্ভাসিত হ’ল আৰু নতুন প্ৰজন্মৰ মাজত উৎসুকতা তথা সজাগতাৰ বাতাৱৰণৰ সৃষ্টি হ’ল৷ আমাৰ ঐতিহাসিক জনসাধাৰণৰ পৰা জনসাধাৰণলৈ সম্পৰ্কক অধিক শক্তিশালী কৰাৰ বাবে আমি ভাৰতত কোৰিয়াৰ নাগৰিকৰ বাবে ভিছা অন এৰাইভেলৰ সুবিধা যোৱা বছৰৰ অক্টোবৰৰ মাহৰ পৰা আৰম্ভ কৰিছো৷ কোৰিয়াৰ দ্বাৰা ভাৰতীয় নাগৰিকৰ বাবে গ্ৰুপ ভিছাৰ সৰলীকৰণৰ সিদ্ধান্তক মই স্বাগতম জনাইছো৷ ইয়াৰ দ্বাৰা আমাৰ দ্বিপাক্ষিক পৰ্যটন বিকশিত হ’ব৷ মোৰ এই কোৰিয়ান যাত্ৰা এনে এক গুৰুত্বপূৰ্ণ বৰ্ষত হৈছে য’ত আমি মহাত্মা গান্ধীৰ ১৫০তম জন্ম জয়ন্তী পালন কৰিবলৈ ওলাইছো৷ আৰু কোৰিয়াতো গণতন্ত্ৰ আন্দোলনৰ শতাব্দী সমাৰোহ পালন কৰা হৈছে৷ আমাৰ মহাত্মা গান্ধী স্মৰণোৎসৱ সংগ্ৰহৰ বাবে ৰাষ্ট্ৰপতি মুনৰ দ্বাৰা লিখিত শ্ৰদ্ধাঞ্জলিৰ বাবে মই তেওঁৰ ওচৰত কৃতজ্ঞ৷ বন্ধুসকল, আজি কোৰিয়ান দ্বীপপুঞ্জত যি শান্তি আৰু স্থিৰতাৰ বাতাৱৰণ পৰিলক্ষিত হৈছে তাৰ শ্ৰেয় ৰাষ্ট্ৰপতি মুনৰ অৰ্থৱহ প্ৰয়াসক দিয়া হয়৷ তেওঁৰ দৃঢ় বিশ্বাস আৰু ধৈৰ্যৰ বাবে মই তেওঁক অভিনন্দন জনাইছো৷ আৰু কোৰিয়ান দ্বীপপুঞ্জত স্থায়ী শান্তিৰ বাবে ভাৰতৰ সম্পূৰ্ণ সহযোগিতাৰ প্ৰতিশ্ৰুতি দোহাৰিছো৷ আজি দুপৰীয়া সৌল শান্তি পুৰষ্কাৰ প্ৰাপ্ত কৰাটো মোৰ বাবে এক ডাঙৰ সন্মানৰ বিষয় হ’ব৷ মই এই সন্মান মোৰ নিজা অভিজ্ঞতাৰ বাবে নহয়, ভাৰতৰ জনতাৰ বাবে কোৰিয়ান জনতাৰ সদ্ভাৱনা তথা স্নেহৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিম৷ মোক আৰু মোৰ প্ৰতিনিধিমণ্ডলক প্ৰদান কৰা স্নেহপূৰ্ণ স্বাগতম আৰু আতিথ্যৰ বাবে ৰাষ্ট্ৰপতি মুন, কোৰিয়ান চৰকাৰ আৰু কোৰিয়ান জনতাক আন্তৰিক ধন্যবাদ প্ৰদান কৰিছো৷ খস্মা-হম-নিদা ধন্যবাদ৷
কোৰিয়া গণৰাজ্য ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা সংবাদ বিবৃতি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%AC%E0%A6%BF%E0%A6%A8%E0%A7%87%E0%A6%9F%E0%A7%87-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A6%A4-%E0%A7%A7%E0%A7%AD-%E0%A6%AC%E0%A6%9B%E0%A7%B0%E0%A7%B0-%E0%A6%85%E0%A6%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%AC%E0%A6%BF%E0%A6%A8%E0%A7%87%E0%A6%9F%E0%A7%87-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A6%A4-%E0%A7%A7%E0%A7%AD-%E0%A6%AC%E0%A6%9B%E0%A7%B0%E0%A7%B0-%E0%A6%85%E0%A6%A8/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰতত ১৭ বছৰৰ অনুৰ্ধৰ মহিলা বিশ্বকাপ ২০২২ৰ ফেডাৰেচন ইণ্টাৰনেচনেল ডি ফুটবল এছ'চিয়েচন (ফিফা) আয়োজনৰ বাবে গেৰাণ্টি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনাইছে। ফিফা অনুৰ্ধ-১৭ মহিলা বিশ্বকাপ ২০২২ চলিত বৰ্ষৰ ১১ ৰ পৰা ৩০ অক্টোবৰৰ ভিতৰত ভাৰতত অনুষ্ঠিত হ'ব। দ্বিবাৰ্ষিক যুৱ প্ৰতিযোগিতাৰ সপ্তম সংস্কৰণটো হ'ব ভাৰতৰ দ্বাৰা আয়োজিত প্ৰথমটো ফিফা মহিলা প্ৰতিযোগিতা। ফিফা অনুৰ্ধ-১৭ পুৰুষ বিশ্বকাপ ২০১৭ৰ পৰা ইতিবাচক উত্তৰাধিকাৰ কঢ়িয়াই লৈ দেশখনে মহিলা ফুটবলৰ বাবে এক প্ৰাথমিক মুহূৰ্তৰ বাবে প্ৰস্তুতি চলাই আছে য’ত সমগ্ৰ বিশ্বৰ শ্ৰেষ্ঠ যুৱ মহিলা ফুটবলাৰসকলে আকাংক্ষিত ট্ৰফীটো জয় কৰাৰ বাবে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰিব। বিত্তীয় ব্যয়ঃ খেলৰ ক্ষেত্ৰৰ বাবে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন (এআইএফএফ)ক ১০ কোটি টকাৰ বিত্তীয় ব্যয় ৰক্ষণাবেক্ষণ, ষ্টেডিয়াম শক্তি, শক্তি আৰু কেবলিং, ষ্টেডিয়া আৰু প্ৰশিক্ষণ স্থান ব্ৰেণ্ডিং আদিৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনসমূহক সহায় আঁচনিৰ বাবে বাজেট আৱণ্টনৰ পৰা পূৰণ কৰা হ'ব। আঁচনিটোৰ উদ্দেশ্যঃ ফিফা অনুৰ্ধ-১৭ মহিলা বিশ্বকাপ ভাৰত ২০২২ত দেশত মহিলা ফুটবল সৱলীকৃত কৰাৰ সম্ভাৱনা আছে ফিফাৰ ১৭ বছৰৰ তলৰ পুৰুষ বিশ্বকাপ ২০১৭ৰ পৰা ইতিবাচক উত্তৰাধিকাৰ কঢ়িয়াই লৈ দেশখনে মহিলা ফুটবলৰ বাবে এক প্ৰাথমিক মুহূৰ্তৰ বাবে প্ৰস্তুতি চলাই আছে যেতিয়া সমগ্ৰ বিশ্বৰ শ্ৰেষ্ঠ যুৱ মহিলা ফুটবলাৰসকলে আকাংক্ষিত ট্ৰফী জয়ৰ বাবে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰিব। এক ইতিবাচক উত্তৰাধিকাৰ এৰি যোৱাৰ বাবে নিম্নলিখিত উদ্দেশ্যবোৰ বিবেচনা কৰা হৈছে: ফুটবল নেতৃত্ব আৰু সিদ্ধান্ত লোৱা সংস্থাত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰে অধিক ছোৱালীক ভাৰতত ফুটবল খেলিবলৈ অনুপ্ৰাণিত কৰে সৰুৰে পৰা সমান খেলৰ ধাৰণা স্বাভাৱিক কৰি লিংগ-অন্তৰ্ভুক্ত অংশগ্ৰহণৰ হৈ মাত মাতে ভাৰতত মহিলাসকলৰ বাবে ফুটবলৰ মানদণ্ড উন্নত কৰাৰ সুযোগ মহিলাসকলৰ খেলৰ বাণিজ্যিক মূল্য উন্নত কৰে
কেবিনেটে ভাৰতত ১৭ বছৰৰ অনুৰ্ধৰ মহিলা বিশ্বকাপ ২০২২ আয়োজনৰ বাবে গেৰাণ্টি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনাইছ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%BE%E0%A6%82%E0%A6%B8%E0%A6%A6-%E0%A6%B8%E0%A7%81%E0%A6%A8%E0%A7%80%E0%A6%A4%E0%A6%BE-%E0%A6%A1%E0%A7%81%E0%A6%97%E0%A7%8D%E0%A6%97%E0%A6%B2%E0%A7%87-%E0%A6%AE%E0%A6%B9%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%BE%E0%A6%82%E0%A6%B8%E0%A6%A6-%E0%A6%B8%E0%A7%81%E0%A6%A8%E0%A7%80%E0%A6%A4%E0%A6%BE-%E0%A6%A1%E0%A7%81%E0%A6%97%E0%A7%8D%E0%A6%97%E0%A6%B2%E0%A7%87-%E0%A6%AE%E0%A6%B9%E0%A6%BE/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাৰ সদস্য শ্ৰীমতী সুনীতা দুগ্গলৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে। প্ৰবন্ধটো ‘মহাত্মা ফুলেৰ দুখীয়া মহিলাসকলক সৱলীকৰণৰ উত্তৰাধিকাৰীৰ প্ৰকৃত উত্তৰাধিকাৰী’ বিষয়বস্তুৰ ওপৰত আছে। পিএমঅ’য়ে টুইট কৰিছে: ‘মহাত্মা ফুলেৰ দুখীয়া মহিলাসকলক শক্তিশালী কৰাৰ উত্তৰাধিকাৰীৰ প্ৰকৃত উত্তৰাধিকাৰী’ লোকসভাৰ সদস্যৰ এই প্ৰবন্ধটো পঢ়ক।
সাংসদ সুনীতা ডুগ্গলে মহাত্মা ফুলেৰ জীৱনবৃত্তৰ আধাৰত লিখি উলিওৱা প্ৰবন্ধ উন্মোচন প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%AE%E0%A7%8D%E0%A6%AE%E0%A7%81-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%95%E0%A6%BE%E0%A6%B6%E0%A7%8D%E0%A6%AE%E0%A7%80%E0%A7%B0-%E0%A7%B0%E0%A7%8B%E0%A6%9C%E0%A6%97%E0%A6%BE%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%AE%E0%A7%8D%E0%A6%AE%E0%A7%81-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%95%E0%A6%BE%E0%A6%B6%E0%A7%8D%E0%A6%AE%E0%A7%80%E0%A7%B0-%E0%A7%B0%E0%A7%8B%E0%A6%9C%E0%A6%97%E0%A6%BE%E0%A7%B0/
আজি জম্মু-কাশ্মীৰৰ উদ্যমী নজোৱানসকলৰ বাবে, আমাৰ পুত্ৰ কন্যাসকলৰ বাবে বহুত গুৰুত্বপূৰ্ণ দিন। আজি জম্মু-কাশ্মীৰত ২০খন বেলেগ বেলেগ ঠাইত ৩ হাজাৰ যুৱক-যুৱতীক চৰকাৰত কাম কৰিবলৈ নিযুক্তি পত্ৰ অৰ্পণ কৰা হৈছে। এই নজোৱানসকলে পিডব্লিউডি, স্বাস্থ্য বিভাগ, খাদ্য আৰু নাগৰিক যোগান বিভাগ, পশুপালন, জলশক্তি, শিক্ষা-সংস্কৃতিৰ দৰে বিভিন্ন বিভাগত সেৱাৰ সুযোগ পাবলৈ গৈ আছে। আজি নিযুক্তি পত্ৰ পোৱা সকলো যুৱক-যুৱতীক মই বহুত বহুত অভিনন্দন জনাইছো। আৰু ৰোজগাৰ মেলাৰ এই আয়োজনৰ বাবে মই শ্ৰীমান মনোজ সিনহা জীক আৰু তেওঁৰ গোটেই টীমকো অভিনন্দন জনাইছো। মোক কোৱা হৈছে যে অনাগত দিনবোৰত অন্য বিভাগসমূহতো ৭০০ৰো অধিক নিযুক্তি পত্ৰ দিয়াৰ প্ৰস্তুতি পূৰ্ণোদ্যমে চলি আছে। ইয়াৰ দ্বাৰা যিসকল লোক লাভৱান হ'ব আৰু সেয়াও কেইদিনমানতে হ'ব তেওঁলোককো মই শুভকামনা জনাইছো। বন্ধুসকল, ২১শ শতিকাৰ এই দশক, জম্মু-কাশ্মীৰৰ ইতিহাসৰ সবাতোকৈ বিশেষ দশক। এতিয়া সময় পুৰণি প্ৰত্যাহ্বান পিছত এৰিথৈ নতুন সম্ভাৱনাৰ সম্পূৰ্ণ লাভ আদায় কৰাৰ। মই আনন্দিত যে জম্মু-কাশ্মীৰৰ নজোৱান নিজৰ প্ৰদেশৰ বিকাশৰ বাবে, জম্মু-কাশ্মীৰৰ মানুহৰ বিকাশৰ বাবে ব্যাপক সংখ্যাত আগুৱাই আহিছে। এয়া আমাৰ যুৱক-যুৱতীয়েই যি জম্মু-কাশ্মীৰত বিকাশৰ নতুন গাঁথা লিখিব। সেয়ে, আজি এই প্ৰদেশত ৰোজগাৰ মেলাৰ আয়োজন, বহুত বিশেষ হৈ পৰিছে। বন্ধুসকল, বিকাশৰ দ্ৰুত গতিৰ বাবে আমি নতুন এপ্ৰোচৰ সৈতে, নতুন চিন্তাৰে কাম কৰিব লাগে। জম্মু-কাশ্মীৰে এতিয়া নতুন ব্যৱস্থাত, পাৰদৰ্শী আৰুসংবেদনশীল ব্যৱস্থাত নিৰন্তৰ বিকাশক আগবঢ়াই আছে। মোক কোৱা হৈছে যে প্ৰদেশত ২০১৯ৰ পৰা এতিয়ালৈকে প্ৰায় ৩০ হাজাৰ চৰকাৰী পদত ভৰ্তি হৈছে। ইয়াৰে প্ৰায় ২০ হাজাৰ চাকৰি তো যোৱা এক-ডেৰ বছৰত দিয়া হৈছে। এয়া আদৰণি যোগ্য, অভিনন্দন যোগ্য। মই বিশেষভাৱে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্নৰ ভাই মনোজ সিনহা জী আৰু তেওঁৰ গোটেই টীমক প্ৰদেশ প্ৰশাসনৰ সমগ্ৰ টীমক হৃদয়ৰ পৰা সাধুবাদ জ্ঞাপন কৰিছো। 'যোগ্যতাৰ পৰা ৰোজগাৰ'ৰ যি মন্ত্ৰক লৈ তেওঁলোক আগবাঢ়িছে, সি প্ৰদেশৰ যুৱক-যুৱতীসকলৰ মাজত নতুন বিশ্বাস সৃষ্টি কৰি আছে। বন্ধুসকল, যোৱা ৮ বছৰত ৰোজগাৰ আৰু স্বৰোজগাৰক উদগণি যোগাবলৈ কেন্দ্ৰীয় চৰকাৰে বহু পদক্ষেপ লৈছে। ২২ অক্টোবৰৰ পৰা দেশৰ বেলেগ বেলেগ ঠাইত আয়োজন হৈ থকা 'ৰোজগাৰ মেলা' ইয়াৰ এটা অংশ। এই অভিযানৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰথম চৰণত অহা কেইটামান মাহত ১০ লাখতকৈ অধিক নিযুক্তি পত্ৰ দিয়া হ'ব। যেনেকৈ জম্মু-কাশ্মীৰৰ দৰে বিভিন্ন ৰাজ্যও এই অভিযানৰ সৈতে সংযুক্ত, এই সংখ্যা আৰু অধিক বৃদ্ধি কৰা হ'ব। জম্মু-কাশ্মীৰত ৰোজগাৰ বঢ়াবলৈ আমি ইয়াত business environmentৰো বিস্তাৰ কৰিছো। আমাৰ নতুন ঔদ্যোগিক নীতি আৰু Business Reforms ransparencyক নিজৰ প্ৰাথমিকতা কৰিব লাগিব। মই আগতে যেতিয়াই জম্মু-কাশ্মীৰৰ মানুহৰ সৈতে লগ হৈছো, তেওঁলোকৰ এটা দুখ সদায়েই অনুভৱ কৰিছিলো। এই দুখ আছিল- ব্যৱস্থাত ভ্ৰষ্টাচাৰ। জম্মু-কাশ্মীৰৰ মানুহে ভ্ৰষ্টাচাৰক ঘিণ কৰে। বিৰক্ত হৈছে। মই মনোজ সিনহা জী আৰু তেওঁৰ টীমক এই কথাৰ বাবেও প্ৰশংসা কৰিম যে তেওঁলোকে ভ্ৰষ্টাচাৰ ৰূপী ৰোগটো সমাপ্ত কৰিবলৈও মনে-প্ৰাণে লাগি আছে। যিসকল নজোৱান এতিয়া প্ৰদেশ শাসনৰ অংশ হৈ আছে, তেওঁলোকৰ এইটো দায়িত্ব যে তেওঁলোকে পাৰদৰ্শিতাৰ প্ৰয়াসক, সৎ শাসনৰ প্ৰয়াসক মনোজ সিনহা জীৰ প্ৰকৃত সংগী হৈ নতুন শক্তি দিয়ক। মোৰ বিশ্বাস আছে যে যিসকল যুৱক-যুৱতীয়ে আজি নিযুক্তি পত্ৰ পাই আছে, তেওঁলোকে নতুন দায়বদ্ধতাক সম্পূৰ্ণ নিষ্ঠা আৰু মনোযোগেৰে পালন কৰিব। জম্মু-কাশ্মীৰ প্ৰতিজন হিন্দুস্তানীৰ গৌৰৱ। আমি লগ লাগি জম্মু-কাশ্মীৰক নতুন উচ্চতালৈ লৈ যাব লাগিব। আমাৰ সন্মুখত ২০৪৭ৰ বিকশিত ভাৰতৰ বিৰাট লক্ষ্যও আছে, যাক সম্পূৰ্ণ কৰিবলৈ আমি শক্তিশালী সংকল্পৰে ৰাষ্ট্ৰ নিৰ্মাণত লাগি যাব লাগিব। আকৌ এবাৰ জম্মু-কাশ্মীৰৰ পুত্ৰ কন্যাসকলক তেওঁলোকৰ জীৱনৰ এই নতুন শুভাৰম্ভৰ বাবে, নতুন আৰম্ভণিৰ বাবে বহুত বহুত শুভকামনা জনাইছো আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে কামনা কৰিছো। বহুত-বহুত ধন্যবাদ।
জম্মু আৰু কাশ্মীৰ ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ পা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%BE%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AC%E0%A6%BE%E0%A6%87-%E0%A6%AB%E0%A7%81%E0%A6%B2%E0%A7%87%E0%A7%B0-%E0%A6%9C%E0%A7%9F%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%BE%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AC%E0%A6%BE%E0%A6%87-%E0%A6%AB%E0%A7%81%E0%A6%B2%E0%A7%87%E0%A7%B0-%E0%A6%9C%E0%A7%9F%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাবিত্ৰীবাই ফুলেৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মহীয়সী নাৰী সাবিত্ৰীবাই ফুলেৰ জয়ন্তীত তেওঁলৈ প্ৰণিপাত জনাইছো। তেওঁ গোটেই জীৱন সমাজৰ দৰিদ্ৰ আৰু প্ৰান্তীয় লোকসকলক সবলীকৰণৰ নামত উচৰ্গা কৰিছিল। সাবিত্ৰীবায়ে শিক্ষা আৰু সমাজ সংস্কাৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল। আমি তেওঁৰ আদৰ্শৰাজিৰ প্ৰতি গভীৰভাৱে অনুপ্ৰাণিত হৈছো আৰু তেওঁৰ লক্ষ্য পুৰণৰ বাবে নিৰলসভাৱে কাম কৰি আছো।
সাবিত্ৰীবাই ফুলেৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AA-%E0%A7%A7%E0%A7%A6-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A7-%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%96%E0%A7%87-%E0%A6%AE%E0%A6%A8-%E0%A6%95%E0%A7%80-%E0%A6%AC%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AA-%E0%A7%A7%E0%A7%A6-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A7-%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%96%E0%A7%87-%E0%A6%AE%E0%A6%A8-%E0%A6%95%E0%A7%80-%E0%A6%AC%E0%A6%BE/
মোৰ মৰমৰ দেশবাসী, আপোনালোক সকলোকে শুভেচ্ছা জনাইছো। জনসাধাৰণক শুভেচ্ছা জনাইছো। আৰু, মই কোটি-কোটি নমস্কাৰো জনাইছো কাৰণ ১০০ কোটিৰ প্ৰতিষেধক পালিৰ পিছত আজি দেশখনে নতুন উৎসাহ, নতুন শক্তিৰে আগবাঢ়িছে। আমাৰ প্ৰতিষেধক কাৰ্যসূচীৰ সফলতাই ভাৰতৰ শক্তি, সকলোৰে প্ৰচেষ্টাৰ মন্ত্ৰৰ শক্তি প্ৰদৰ্শন কৰে। বন্ধুসকল, ১০০ কোটিৰ প্ৰতিষেধকৰ পৰিমাণটো বহুত ডাঙৰ, কিন্তু ইয়াৰ সৈতে এনে বহুতো অভিজ্ঞতা আছে, বহুতো উদাহৰণ আছে যি লাখ লাখ সৰু সৰু অনুপ্ৰেৰণা আৰু গৌৰৱেৰে ভৰা। বহুলোকে মোলৈ চিঠি লিখি সুধি আছে যে কেনেকৈ আৰম্ভণিৰে পৰা প্ৰতিষেধকৰ ক্ষেত্ৰত মই নিশ্চিত হৈছিলো যে এই অভিযানটো ইমান ডাঙৰ এটা সফলতা হ'ব। মোৰ এই বিশ্বাস আছিল কাৰণ মই মোৰ দেশ, মোৰ দেশৰ জনসাধাৰণৰ সামৰ্থ্যৰ বিষয়ে ভালদৰে অৱগত। মই জানিছিলো যে আমাৰ স্বাস্থ্যসেৱা কৰ্মীসকলে আমাৰ দেশবাসীৰ টীকাকৰণত কোনো ধৰণৰ অৱহেলা কৰা নাই। আমাৰ স্বাস্থ্য কৰ্মীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু সংকল্পৰ দ্বাৰা এক নতুন উদাহৰণ প্ৰস্তুত কৰিছে, উদ্ভাৱনৰ সৈতে তেওঁলোকৰ দৃঢ়সংকল্পৰ সৈতে মানৱতাৰ সেৱাৰ এক নতুন মানদণ্ড স্থাপন কৰিছে। তেওঁলোকে কেনেকৈ সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰিছিল আৰু যিমান পাৰি সিমান মানুহক সুৰক্ষা আৱৰণ প্ৰদান কৰিছিল সেই বিষয়ে বৰ্ণনা কৰাৰ অগণন উদাহৰণ আছে। আমি বাতৰি কাকতত বহুবাৰ পঢ়িছো, আমি বাহিৰত শুনিছো যে এই লোকসকলে এই কামটো কৰিবলৈ কিমান পৰিশ্ৰম কৰিছে, আমাৰ ওচৰত এনে একাধিক অনুপ্ৰেৰণাদায়ক উদাহৰণ আছে। মই উত্তৰাখণ্ডৰ বাগেশ্বৰৰ এনে এজন স্বাস্থ্যসেৱা কৰ্মী পুনম নটিয়ালজীৰ সৈতে 'মন কী বাত'ৰ দৰ্শকক পৰিচয় কৰাই দিব বিচাৰো। বন্ধুসকল, এই বাগেশ্বৰ উত্তৰাখণ্ডৰ এনে এটা অঞ্চল যিয়ে ১০০ শতাংশ প্ৰথম পালি সম্পূৰ্ণ কৰিছে। উত্তৰাখণ্ড চৰকাৰো ইয়াৰ বাবে অভিনন্দনৰ বিষয় কিয়নো ই এটা অতিশয় কঠিন এলেকা। একেদৰে, হিমাচলেও এনে অসুবিধাত ১০০ শতাংশ পালি প্ৰদানৰ কাম কৰিছে। মোক কোৱা হৈছে যে পুনমজীয়ে তেওঁৰ অঞ্চলৰ লোকসকলৰ টীকাকৰণ কৰিবলৈ দিন-ৰাতিয়ে কাম কৰিছে। প্ৰধানমন্ত্ৰীঃ- পুনমজী নমস্কাৰ। পুনম নটিয়াল :- ছাৰ নমস্কাৰ। প্ৰধানমন্ত্ৰীঃ- পুনমজী, দেশক নিজৰ বিষয়ে কওক। পুনম নটিয়াল:- ছাৰ মই পুনম নটিয়াল। ছাৰ মই উত্তৰাখণ্ডৰ বাগেশ্বৰ জিলাৰ চানি কোৰালী কেন্দ্ৰত কাম কৰি আছো। মই এজন এএনএম ছাৰ। প্ৰধানমন্ত্ৰীঃ পুনমজী, মই বাগেশ্বৰলৈ যোৱাৰ সৌভাগ্য লাভ কৰিছো। মানুহে কেনেদৰে শতিকা পূৰ্বে কেনেদৰে কাম কৰিছিল তাৰ দ্বাৰা মই বহুত প্ৰভাৱিত হৈছিলো। পুনম নটিয়াল :- হয় ছাৰ প্ৰধানমন্ত্ৰীঃ পুনমজী, আপুনি আপোনাৰ অঞ্চলৰ সকলো লোকক টীকাকৰণ কৰাইছে নেকি? পুনম নটিয়াল:- হায় ছাৰ, সকলোৰে শেষ হৈছে প্ৰধানমন্ত্ৰীঃ আপুনি কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে নেকি? পুনম নটিয়াল:- হয়, ছাৰ। ছাৰ বৰষুণ হোৱাৰ লগে লগে আমাৰ পথ বন্ধ হৈ পৰিছিল। মহাশয়, আমি নদী পাৰ হৈছো, ঘৰে ঘৰে গৈছো, যেনেদৰে আমি এনএইচচিভিচিৰ অধীনত ঘৰে ঘৰে গৈছো। যিসকলে কেন্দ্ৰলৈ আহিব নোৱাৰিলে, যেনে বৃদ্ধ লোক আৰু দিব্যাংগ লোক, গৰ্ভৱতী মহিলা, মহিলা, ধাত্ৰী মহিলা – এই লোকসকল ছাৰ। প্ৰধানমন্ত্ৰীঃ কিন্তু, পাহাৰততো মানুহৰ ঘৰবোৰ দূৰে দূৰে থাকে। পুনম নটিয়াল :- হয়। প্ৰধানমন্ত্ৰীঃ তেন্তে আপুনি এদিনত কিমান কৰিব পাৰে! পুনম নটিয়াল:- ছাৰ কিলোমিটাৰৰ হিচাপত কেতিয়াবা ১০ কিমি কেতিয়াবা ৮ কিমি। প্ৰধানমন্ত্ৰীঃ আচ্ছা, নামনিত বাস কৰা লোকসকলে ৮-১০ কিলোমিটাৰৰ হিচাপটো বুজি নাপাব। মই জানো পাহাৰৰ ৮-১০ কিলোমিটাৰ মানে গোটেই দিনটো পাৰ হৈ যায়। পুনম নটিয়াল :- হয় প্ৰধানমন্ত্ৰীঃ কিন্তু এদিনৰ কাৰণে এইটো এটা কঠিন কাম আৰু টীকাকৰণৰ সকলো সামগ্ৰী লৈ যোৱাটো। আপোনাৰ কোনো সহায়ক আছিল নেকি? পুনম নটিয়াল:- হয়, দলৰ সদস্য, আমি পাঁচজন লোক! প্ৰধানমন্ত্ৰী:- হয় পুনম নটিয়াল: আমাৰ সৈতে এজন চিকিৎসক হৈছে, এএনএম আছে, ফাৰ্মাচিষ্ট আছে, আশা আছে, আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ আছে। প্ৰধানমন্ত্ৰীঃ আচ্ছা, তেওঁ ডাটা এণ্ট্ৰি, তেওঁ তাত সংযোগ পাইছিল নে বাগেশ্বৰলৈ অহাৰ পিছত এইটো কৰিছিল? পুনম নটিয়ালঃ ছাৰ ক’ৰবাত ক’ৰবাত পাইছিল, কেতিয়াবা বাগেশ্বৰলৈ অহাৰ পিছত, আমি এইটো কৰিছিলো। প্ৰধানমন্ত্ৰীঃ – ভাল! মোক কোৱা হৈছে, পুনমজী, আপুনি সোঁতৰ বিপৰীতে পৰা ওলাই গৈ মানুহক টীকাকৰণ কৰিছিল। এই ধাৰণাটো কি আছিল, আপুনি কেনেকৈ ভাবিছিল আৰু আপুনি কেনেকৈ কৰিছিল? পুনম নটিয়াল: আমি, গোটেই দলটোৱে, সংকল্প লৈছিলো যে আমি এজনো ব্যক্তিক হেৰুৱাব নালাগে। ক’ৰোনা ৰোগ আমাৰ দেশৰ পৰা গুচি যাব লাগে। আশা আৰু মই লগ হৈ গাঁওভিত্তিক তথ্য তৈয়াৰ কৰিছিলো, এই হিচাপত যিসকল কেন্দ্ৰলৈ আহিছিল তেওঁলোকক কেন্দ্ৰত টীকাকৰণ প্ৰদান কৰিছিলো । তাৰপিছত আমি ঘৰে ঘৰে গ’লো। ছাৰ, তাৰ পিছত তেওঁলোকক দিয়া হ’ল যিসকল কেন্দ্ৰলৈ আহিব নোৱাৰিলে, বাদ পৰি গ’ল ৷ প্ৰধানমন্ত্ৰীঃ- আচ্ছা, মানুহক বুজাব লগীয়া হৈছিল নেকি? পুনম নটিয়াল:- হয়, ব্যাখ্যা কৰা হৈছে, হয়! প্ৰধানমন্ত্ৰীঃ এতিয়াও প্ৰতিষেধক গ্ৰহণৰ ক্ষেত্ৰত মানুহ উৎসাহীনে? পুনম নটিয়াল:- হয় ছাৰ, হয়। এতিয়া মানুহে বুজি পাইছে। প্ৰথমতে আমাৰ বহুত অসুবিধা হৈছিল। মানুহক বুজাব লগীয়া হৈছিল যে এই প্ৰতিষেধকটো সুৰক্ষিত, আৰু কাৰ্যকৰী, আমিও লগাইছো, আমি সুৰক্ষিত আছো, আপোনালোকৰ সন্মুখতে, আৰু আমাৰ কৰ্মচাৰী, সকলোৱে লগাইছে, সকলো ঠিকে আছে ৷ প্ৰধানমন্ত্ৰীঃ ক’ৰবাত প্ৰতিষেধক দিয়াৰ পিছত কোনোবাই অভিযোগ কৰিছিল নেকি পিছত ? পুনম নটিয়াল:- নহয়, নহয়, নহয়, ছাৰ। সেয়া হোৱা নাছিল প্ৰধানমন্ত্ৰীঃ একো হোৱা নাই পুনম নটিয়াল :- হয়। প্ৰধানমন্ত্ৰীঃ- সকলোৱে সন্তুষ্ট হৈছিল পুনম নটিয়াল :- হয়। প্ৰধানমন্ত্ৰীঃ – ঠিকেই আছে পুনম নটিয়াল :- হয়। প্ৰধানমন্ত্ৰীঃ আপুনি এটা মহান কাম কৰিছে আৰু মই জানো, এই গোটেই অঞ্চলটো, ই কিমান কঠিন আৰু পৰ্বতত খোজ কাঢ়ি অহা-যোৱা কৰিব লাগে। এখন পৰ্বতলৈ যাওক, তাৰ পিছত নামি যাওক, তাৰ পিছত আন এখন পৰ্বতলৈ যাওক, আনকি ঘৰবোৰো দূৰে দূৰে, তথাপিও আপুনি ইমান ভাল কাম কৰিছে। পুনম নটিয়াল:- ধন্যবাদ ছাৰ, আপোনাৰ সৈতে কথা পাতিবলৈ পাই মই সৌভাগ্যৱান অনুভৱ কৰিছো। আপোনাৰ দৰে স্বাস্থ্য কৰ্মীৰ কঠোৰ পৰিশ্ৰমৰ বাবেই ভাৰতত ১০০ কোটি প্ৰতিষেধকৰ পালিৰ সীমা অতিক্ৰম কৰিছে। আজি, মই কেৱল আপোনালোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাই নহয়, 'সকলোকে প্ৰতিষেধক-বিনামূলীয়া প্ৰতিষেধক' অভিযানত সফলতা প্ৰদান কৰা সকলোৰে প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনাক, আপোনাৰ পৰিয়াললৈ মোৰ শুভেচ্ছা থাকিল। মোৰ মৰমৰ দেশবাসীসকল, আপোনালোকে জানে যে অহা দেওবাৰে, ৩১ অক্টোবৰ তাৰিখে, চৰ্দাৰ পেটেলজীৰ জন্ম জয়ন্তী। 'মন কী বাত'ৰ প্ৰতিজন শ্ৰোতাৰ হৈ, আৰু মোৰ হৈ, মই লৌহ পুৰুষগৰাকীৰ ওচৰত প্ৰণাম জনাইছো। বন্ধুসকল, ৩১ অক্টোবৰত, আমি 'ৰাষ্ট্ৰীয় একতা দিৱস' উদযাপন কৰো। একতাৰ বাৰ্তা প্ৰদান কৰা কিছুমান কাৰ্যসূচীৰ সৈতে জড়িত হোৱাটো আমাৰ সকলোৰে দায়িত্ব। আপোনালোকে নিশ্চয় দেখিছে, শেহতীয়াকৈ, গুজৰাট আৰক্ষীয়ে কচ্ছৰ লাখপত কিল্লাৰ পৰা ষ্টেচু অব্ ইউনিটিলৈ বাইক ৰেলী উলিয়াইছে। ত্ৰিপুৰা আৰক্ষীৰ জোৱানসকলে আকৌ একতা দিৱস উদযাপন কৰিবলৈ ত্ৰিপুৰাৰ পৰা ষ্টেচু অব্ ইউনিটিলৈ বাইক ৰেলী উলিয়াইছে। অৰ্থাৎ তেওঁলোকে দেশখনক পূবৰ পৰা পশ্চিমলৈ সংযোগ কৰি আছে। জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ জোৱানসকলেও উৰিৰ পৰা পাঠানকোটলৈ একেধৰণৰ বাইক ৰেলী উলিয়াই দেশৰ ঐক্যৰ বাৰ্তা প্ৰচাৰ কৰি আছে। মই এই সকলো জোৱানক অভিবাদন জনাইছো। মই জম্মু আৰু কাশ্মীৰৰ কুপৱাৰা জিলাৰ বহুতো ভগ্নীৰ বিষয়েও জানিব পাৰিছো। ভগ্নীসকলে কাশ্মীৰত সেনা আৰু চৰকাৰী কাৰ্যালয়ৰ বাবে ত্ৰিৰংগা চিলাইৰ কাম কৰি আছে। এই কামটো দেশপ্ৰেমমূলক মনোভাৱৰে পৰিপূৰ্ণ। মই এই ভগ্নীসকলৰ আৱেগক প্ৰশংসা কৰো। ভাৰতৰ ঐক্যৰ বাবে, ভাৰতৰ শ্ৰেষ্ঠতাৰ বাবেও আপুনিও কিবা কৰিব পাৰে। আপুনি দেখিব, আপোনাৰ মনে কিমান সন্তুষ্টি লাভ কৰে। বন্ধুসকল, চৰ্দাৰ চাহাবে কৈছিল, "কেৱল আমাৰ ঐক্যবদ্ধ প্ৰয়াসৰ জৰিয়তেহে আমি দেশখনক নতুন উচ্চতালৈ লৈ যাব পাৰো। যদি আমি ঐক্যবদ্ধ নহও, আমি নিজে নিজকে নতুন দুৰ্যোগত ঘেৰি ল’ম"। অৰ্থাৎ, যদি ৰাষ্ট্ৰীয় ঐক্য থাকে তেতিয়া উন্নয়নো হয়। আমি চৰ্দাৰ পেটেলজীৰ জীৱনৰ পৰা, তেওঁৰ চিন্তাৰ পৰা বহুতো শিকিব পাৰো। দেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে শেহতীয়াকৈ চৰ্দাৰ চাহাবৰ ওপৰত এখন চিত্ৰজীৱনীও প্ৰকাশ কৰিছে। মই বিচাৰো যে আমাৰ সকলো যুৱ সহকৰ্মীয়ে এয়া পঢ়িব। ই আপোনাক চৰ্দাৰ চাহাবৰ বিষয়ে আকৰ্ষণীয় ভাৱে জানিবলৈ সুযোগ দিব। মৰমৰ দেশবাসীসকল, জীৱনে নিৰন্তৰ প্ৰগতি, বিকাশ, উচ্চতা বিচাৰে। প্ৰগতিৰ গতি যিমানেই দ্ৰুত নহওঁক কিয়, ভৱনটো যিমানেই বিশাল নহওঁক কিয়, জীৱনে তথাপিও অসম্পূৰ্ণ অনুভৱ কৰে। অৱশ্যে, যেতিয়া ইয়াত গান, সংগীত, কলা, নাটক আৰু নৃত্য, সাহিত্য যোগ দিয়া হয় তেতিয়া ইয়াৰ আভা, ইয়াৰ জীৱনীশক্তিত বহুগুণে বৃদ্ধি হয়। এক প্ৰকাৰে, জীৱন অৰ্থপূৰ্ণ হ'ব লাগিব, সেয়েহে এই সকলোবোৰ থকাটো সমানে গুৰুত্বপূৰ্ণ, সেয়েহে কোৱা হয় যে এই সকলোবোৰ পদ্ধতিয়ে আমাৰ জীৱনত এক অনুঘটক হিচাপে কাম কৰে, আমাৰ শক্তি বৃদ্ধি কৰাৰ কাম কৰে। মানৱ মনৰ আভ্যন্তৰীণ আত্মা বিকশিত কৰাত, লগতে আমাৰ আভ্যন্তৰীণ যাত্ৰাৰ পথ তৈয়াৰ কৰাত, গান আৰু সংগীত আৰু বিভিন্ন কলাই এক ডাঙৰ ভূমিকা পালন কৰে, আৰু ইয়াৰ এটা ডাঙৰ শক্তি হৈছে যে ইয়াক সময়, সীমা বা মতভেদ বান্ধি ৰাখিব নোৱাৰে। আনকি অমৃত মহোৎসৱতো, আপোনালোকে আপোনাৰ কলা, সংস্কৃতি, গান, সংগীতৰ ৰং পূৰণ কৰিব লাগে। অমৃত মহোৎসৱ আৰু গীত আৰু সংগীতৰ এই শক্তিৰ ওপৰত মই আপোনালোকৰ পৰা বহুতো পৰামৰ্শ লাভ কৰিছো। এই পৰামৰ্শবোৰ মোৰ বাবে অতি মূল্যৱান। মই এইবোৰৰ অধ্যয়নৰ বাবে সংস্কৃতি মন্ত্ৰালয়লৈ পঠিয়াইছিলো। মই সুখী যে মন্ত্ৰালয়ে ইমান কম সময়ৰ ভিতৰতে এই পৰামৰ্শবোৰ অতি গুৰুত্বসহকাৰে লৈছিল আৰু সেইবোৰৰ ওপৰত কাম কৰিছিল। এই পৰামৰ্শবোৰৰ এটা হ'ল দেশপ্ৰেমমূলক গীতৰ সৈতে সম্পৰ্কিত প্ৰতিযোগিতা! স্বাধীনতা সংগ্ৰামত বিভিন্ন ভাষা, উপভাষা, দেশপ্ৰেমমূলক গীত আৰু স্তোত্ৰই সমগ্ৰ দেশক একত্ৰিত কৰিছিল। এতিয়া, অমৃতকালত, আমাৰ যুৱক-যুৱতীসকলে একে ধৰণৰ দেশপ্ৰেমমূলক গীত লিখি এই অনুষ্ঠানত অধিক শক্তি যোগ কৰিব পাৰে। এই দেশপ্ৰেমমূলক গীতবোৰ মাতৃভাষাত, ৰাষ্ট্ৰীয় ভাষাত হ'ব পাৰে, আৰু ইংৰাজীতো লিখিব পাৰি। কিন্তু, এই কামবোৰ নতুন ভাৰতৰ নতুন মনৰ হোৱাটো গুৰুত্বপূৰ্ণ, দেশৰ বৰ্তমানৰ সফলতাৰ দ্বাৰা অনুপ্ৰাণিত আৰু ভৱিষ্যতৰ বাবে দেশক সংকল্পবদ্ধ কৰিবলৈ গৈ আছে। সংস্কৃতি মন্ত্ৰালয়ে তহচিল পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাই আছে। বন্ধুসকল, 'মন কি বাত'ৰ এনে এজন দৰ্শকে পৰামৰ্শ দিছে যে অমৃত মহোৎসৱক ৰংগোলী কলাৰ সৈতে সংযুক্ত কৰিব লাগে। আমাৰ বহু শতাব্দী ধৰি ৰংগোলীৰ জৰিয়তে উৎসৱত ৰং কৰাৰ পৰম্পৰা আছে। ৰংগোলীত দেশৰ বৈচিত্ৰ্যৰ দৃষ্টিভংগী প্ৰদৰ্শিত হয়। ৰংগোলী বিভিন্ন ৰাজ্যত বিভিন্ন নামেৰে, বিভিন্ন বিষয়বস্তুত পালন কৰা হয়। সেয়েহে, সংস্কৃতি মন্ত্ৰালয়ে ইয়াৰ সৈতে সম্পৰ্কিত এখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাও অনুষ্ঠিত কৰিবলৈ গৈ আছে। কল্পনা কৰক, যেতিয়া স্বাধীনতা আন্দোলনৰ সৈতে সম্পৰ্কিত ৰংগোলীৰ সৃষ্টি হ’ব, মানুহে তেওঁলোকৰ দুৱাৰত, দেৱালত, ৰঙৰ দ্বাৰা এজন স্বাধীনতা-নিৰ্মাতাৰ ছবি আঁকিব, অমৃত মহোৎসৱৰ ৰঙো বৃদ্ধি পাব। বন্ধুসকল, আন এটা উপায় হৈছে ওমলা গীতবোৰ। আমি সৰু ল'ৰা-ছোৱালীক ওমলা গীতৰ জৰিয়তে সংস্কাৰদিছো, তেওঁলোকক সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিছো। ওমলা গীতৰো নিজা বৈচিত্ৰ্য আছে। গতিকে অমৃতকালত এই কলাকো পুনৰুজ্জীৱিত কৰি আৰু দেশপ্ৰেমমূলক ওমলা গীত, কবিতা, গান লিখিব নোৱাৰে, যিটো মাতৃসকলে প্ৰতিটো ঘৰত তেওঁলোকৰ সৰু ল'ৰা-ছোৱালীক সহজে শুনাব পাৰে। এই ওমলা গীতবোৰে আধুনিক ভাৰতক বুজায়, যি হৈছে একবিংশ শতিকাৰ ভাৰতৰ সপোনৰ এক দৰ্শন। আপোনালোক সকলো শ্ৰোতাৰ পৰামৰ্শৰ পিছত, মন্ত্ৰালয়ে ইয়াৰ সৈতে সম্পৰ্কিত এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। বন্ধুসকল, এই তিনিওখন প্ৰতিযোগিতা ৩১ অক্টোবৰত চৰ্দাৰ চাহাবৰ জন্ম জয়ন্তীত আৰম্ভ হ'ব। অনাগত দিনত, সংস্কৃতি মন্ত্ৰালয়ে ইয়াৰ সৈতে সম্পৰ্কিত সকলো তথ্য প্ৰদান কৰিব। এই তথ্য মন্ত্ৰালয়ৰ ৱেবছাইটতো উপলব্ধ হ'ব আৰু সামাজিক মাধ্যমত দিয়া হ'ব। মই বিচাৰো যে আপোনালোক সকলোৱে ইয়াত যোগদান কৰক। আমাৰ যুৱ বন্ধুসকলে ইয়াত তেওঁলোকৰ কলা আৰু তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰক। ই আপোনাৰ এলেকাৰ কলা আৰু সংস্কৃতিকো দেশৰ প্ৰতিটো কোণলৈ লৈ যাব, আপোনাৰ কাহিনী সমগ্ৰ দেশে শুনিব। মৰমৰ দেশবাসীসকল, বৰ্তমান আমি অমৃত মহোৎসৱত দেশৰ বীৰ পুত্ৰ-কন্যাসকলক স্মৰণ কৰি আছো। অহা মাহত, ১৫ নৱেম্বৰত, আমাৰ দেশৰ এনে এজন মহান ব্যক্তি, সাহসী যোদ্ধা ভগৱান বিৰচা মুণ্ডাজীৰ জন্ম জয়ন্তী আহি আছে। ভগৱান বিৰচা মুণ্ডাক 'পৃথিৱী আবা' বুলিও জনা যায়। আপুনি জানেনে ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে পৃথিৱীৰ পিতৃ। ভগৱান বিৰচা মুণ্ডাই যিদৰে তেওঁৰ সংস্কৃতি, তেওঁৰ অৰণ্য, তেওঁৰ ভূমিৰ সুৰক্ষাৰ বাবে যুঁজ দিছিল, সেয়া কেৱল পৃথিৱীৰ পিতৃয়েহে কৰিব পাৰে। তেওঁ আমাক আমাৰ সংস্কৃতি আৰু মূলৰ বাবে গৌৰৱান্বিত হ'বলৈ শিকাইছিল। বিদেশী শাসনে তেওঁলোকক কিমান ভাবুকি আৰু চাপ দিছিল, কিন্তু তেওঁলোকে জনজাতীয় সংস্কৃতি এৰি দিয়া নাছিল। যদি আমি প্ৰকৃতি আৰু পৰিৱেশক ভাল পাবলৈ শিকিব লাগে, তেন্তে পৃথিৱী আবা ভগৱান বিৰচা মুণ্ডা হৈছে আমাৰ মহান অনুপ্ৰেৰণা। তেওঁ বৈদেশিক শাসনৰ প্ৰতিটো নীতিৰ তীব্ৰ বিৰোধিতা কৰিছিল যিয়ে পৰিৱেশৰ ক্ষতি কৰিব পাৰে। ভগৱান বিৰচা মুণ্ডা সদায় দৰিদ্ৰ আৰু সমস্যাগ্ৰস্তসকলক সহায় কৰাৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছিল। তেওঁ সমাজক সামাজিক অশুভ শক্তি নিৰ্মূল কৰিবলৈও সজাগ কৰিছিল। উলগুলান আন্দোলনত তেওঁৰ নেতৃত্ব কোনে পাহৰিব পাৰে! এই আন্দোলনে ব্ৰিটিছসকলক হতবাক কৰিছিল। যাৰ পিছত ব্ৰিটিছে ভগৱান বিৰচা মুণ্ডাৰ ওপৰত এটা বৃহৎ পুৰস্কাৰ দিছিল। ব্ৰিটিছ শাসনে তেওঁক বন্দী কৰি ৰাখিছিল, তেওঁক ইমান অত্যাচাৰ কৰা হৈছিল যে তেওঁ আমাক ২৫ বছৰতকৈ কম বয়সতে এৰি গৈছিল। তেওঁ আমাক এৰি গৈছিল, কিন্তু কেৱল শৰীৰৰ পৰা। জনসাধাৰণৰ মনত, ভগৱান বিৰচা মুণ্ডা চিৰকালৰ বাবে থাকিব। তেওঁৰ জীৱন জনতাৰ বাবে অনুপ্ৰেৰণা হৈ আছে। আজিও তেওঁৰ লোকগীত আৰু সাহস আৰু বীৰত্বৰে পৰিপূৰ্ণ কাহিনীবোৰ ভাৰতৰ মধ্য অংশত অতি জনপ্ৰিয়। মই 'ধৰতী আবা' বিৰচা মুণ্ডাক প্ৰণাম জনাইছো আৰু যুৱচামক তেওঁৰ বিষয়ে অধিক পঢ়িবলৈ অনুৰোধ জনাইছো। ভাৰতৰ স্বাধীনতা সংগ্ৰামত আমাৰ জনজাতীয় গোটৰ বিশিষ্ট অৱদানৰ বিষয়ে আপুনি যিমানে জানে, আপুনি সিমানেই গৌৰৱান্বিত অনুভৱ কৰিব। মোৰ মৰমৰ দেশবাসীসকল, আজি, ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰা হয় অৰ্থাৎ এই দিনটোতে ৰাষ্ট্ৰসংঘ গঠন হৈছিল ৷ ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ পিছৰে পৰা ভাৰতে ইয়াত যোগদান কৰি আহিছে। আপুনি জানেনে যে ভাৰতে ১৯৪৫ চনত স্বাধীনতাৰ আগতে ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰত স্বাক্ষৰ কৰিছিল? ৰাষ্ট্ৰসংঘৰ এটা অনন্য দিশ হ'ল ভাৰতৰ নাৰী শক্তিয়ে ৰাষ্ট্ৰসংঘৰ প্ৰভাৱ আৰু শক্তি বৃদ্ধিত মুখ্য ভূমিকা পালন কৰিছে। ১৯৪৭-৪৮ চনত, যেতিয়া ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰ প্ৰস্তুত কৰা হৈছিল, ঘোষণাপত্ৰখন লিখা আছিল "সকলো পুৰুষক সমানে সৃষ্টি কৰা হৈছে"। কিন্তু ভাৰতৰ এজন প্ৰতিনিধিয়ে ইয়াত আপত্তি কৰিছিল আৰু তাৰ পিছত সাৰ্বজনীন ঘোষণাপত্ৰত লিখা হৈছিল – "সকলো মানুহক সমানভাৱে সৃষ্টি কৰা হৈছে"। এই লিংগ সমতা ভাৰতৰ বহু পুৰণি পৰম্পৰাৰ সৈতে সামঞ্জস্যপূৰ্ণ আছিল। আপুনি জানেনে যে শ্ৰীমতী হংসা মেহতা প্ৰতিনিধি আছিল যিয়ে এইটো সম্ভৱ কৰি তুলিছিল, একে সময়তে, আন এগৰাকী প্ৰতিনিধি শ্ৰীমতী লক্ষ্মী মেননে লিংগ সমতাৰ বিশয়ে দৃঢ়ভাৱে কথা পাতিছিল ৷ কেৱল সেয়াই নহয়, ১৯৫৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা সভাপতি হিচাপে শ্ৰীমতী বিজয়া লক্ষ্মী পণ্ডিতক বাচনি কৰা হৈছিল। বন্ধুসকল, আমি দেশৰ লোক যিসকলে বিশ্বাস কৰে আৰু প্ৰাৰ্থনা কৰে: ॐ द्यौ: शान्तिरन्तरिक्षॅं शान्ति:, पृथ्वी शान्तिराप: शान्तिरोषधय: शान्ति:। वनस्पतय: शान्तिर्विश्र्वे देवा: शान्तिर्ब्रह्म शान्ति:, सर्वॅंशान्ति:, शान्तिरेव शान्ति:, सा मा शान्तिरेधि।। ॐ शान्ति: शान्ति: शान्ति:।। ভাৰতে সদায় বিশ্ব শান্তিৰ বাবে কাম কৰি আহিছে। আমি গৌৰৱান্বিত যে ভাৰত ১৯৫০ ৰ দশকৰ পৰা নিৰন্তৰভাৱে ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানৰ অংশ হৈ আহিছে। দৰিদ্ৰতা দূৰীকৰণ, জলবায়ু পৰিৱৰ্তন আৰু শ্ৰমিক সম্পৰ্কীয় সমস্যা সমাধানৰ ক্ষেত্ৰতো ভাৰতে এক অগ্ৰণী ভূমিকা পালন কৰি আছে। ইয়াৰ উপৰিও, ভাৰতে বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে যোগ আৰু আয়ুষক জনপ্ৰিয় কৰাৰ বাবে ঘনিষ্ঠভাৱে কাম কৰি আছে। মাৰ্চ ২০২১-ত, বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছিল যে ভাৰতত পৰম্পৰাগত ঔষধৰ বাবে এক গোলকীয় কেন্দ্ৰ স্থাপন কৰা হ'ব। বন্ধুসকল, আজি ৰাষ্ট্ৰসংঘৰ কথা কওঁতে, মোৰ অটলজীৰ কথাবোৰো মনত পৰিছে। ১৯৭৭ চনত তেওঁ হিন্দীত ৰাষ্ট্ৰসংঘক সম্বোধন কৰি ইতিহাস ৰচনা কৰে। আজি, মই 'মন কী বাত'ৰ দৰ্শকসকলক অটলজীৰ ভাষণৰ এটা অংশ শুনাব বিচাৰো। শুনক অটলজীৰ তেজস্বী কণ্ঠ – "ইয়াত মই ৰাষ্ট্ৰসমূহৰ শক্তি আৰু গুৰুত্বৰ বিষয়ে চিন্তা কৰা নাই। সাধাৰণ মানুহৰ সন্মান আৰু প্ৰগতি মোৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ। আমাৰ সফলতা আৰু বিফলতাবোৰ কেৱল এটা চৰ্তৰ দ্বাৰা জোখা উচিত যে আমি সমগ্ৰ মানৱ সমাজৰ বাবে বিশেষকৈ প্ৰতিজন পুৰুষ আৰু মহিলা আৰু শিশুৰ বাবে ন্যায় আৰু মৰ্যাদা নিশ্চিত কৰিবলৈ চেষ্টা কৰি আছোঁ নে নাই ’’ ৷ বন্ধুসকল, অটলজীৰ এই শব্দবোৰে এতিয়াও আমাক দিশ দেখুৱায়। এই পৃথিৱীখনক এক উন্নত আৰু সুৰক্ষিত গ্ৰহ হিচাপে গঢ়ি তোলাত ভাৰতৰ অৱদান বিশ্বৰ বাবে এক ডাঙৰ অনুপ্ৰেৰণা। মোৰ মৰমৰ দেশবাসীসকল, মাত্ৰ কেইদিনমান আগতে, ২১ অক্টোবৰত, আমি আৰক্ষী স্মৰণ দিৱস উদযাপন কৰিছিলো। এই দিনটোত, আমি বিশেষকৈ সেই আৰক্ষী সহকৰ্মীসকলক স্মৰণ কৰোঁ যিসকলে দেশৰ সেৱাত প্ৰাণ আহুতি দিছে। মই আজি এই আৰক্ষীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালকো মনত ৰাখিব বিচাৰো। পৰিয়ালৰ সমৰ্থন আৰু ত্যাগ অবিহনে আৰক্ষীৰ দৰে এটা কঠিন সেৱা অতি কঠিন। আৰক্ষী সেৱাৰ সৈতে সম্পৰ্কিত আন এটা কথা আছে যিটো মই 'মন কী বাত'ৰ শ্ৰোতাসকলক ক'ব বিচাৰো। আগতে, এটা ধাৰণা আছিল যে সেনা আৰু আৰক্ষী সেৱা কেৱল পুৰুষৰ বাবে। কিন্তু আজি তেনে নহয়। আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰ’ৰ পৰিসংখ্যাই দেখুৱাইছে যে যোৱা কেইবছৰমানত মহিলা আৰক্ষীৰ সংখ্যা দুগুণ হৈছে। যদিও ২০১৪ চনত সংখ্যাটো ১ লাখ ৫ হাজাৰৰ ওচৰত আছিল, ই ২০২০ চনলৈ দুগুণতকৈও অধিক হৈছে আৰু এতিয়া ২ লাখ ১৫ হাজাৰত উপনীত হৈছে। আনকি কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীতো, যোৱা সাত বছৰত মহিলাৰ সংখ্যা প্ৰায় দুগুণ হৈছে। আৰু মই কেৱল সংখ্যাৰ বিষয়ে কথা নকও। আজি দেশৰ কন্যাসকলে তেওঁলোকৰ সকলো শক্তি আৰু সাহসেৰে আটাইতকৈ কঠিন কৰ্তব্য পালন কৰি আছে। উদাহৰণ স্বৰূপে, বহুতো কন্যাই বিশেষ জংঘল যুদ্ধ কমাণ্ডোৰ প্ৰশিক্ষণ লৈ আছে, যি হৈছে এই মুহূৰ্তত আটাইতকৈ কঠিন প্ৰশিক্ষণ। তেওঁলোক আমাৰ কোব্ৰা বেটেলিয়নৰ অংশ হ'ব। বন্ধুসকল, আজি আমি বিমানবন্দৰ, মেট্ৰ' ষ্টেচনলৈ যাওঁ বা চৰকাৰী কাৰ্যালয়লৈ চাওঁ, চিআইএছএফৰ সাহসী মহিলাসকলে প্ৰতিটো সংবেদনশীল স্থানৰ সুৰক্ষাত নিয়োজিত দেখা যায়। তেওঁলোকৰ উপস্থিতিৰ জৰিয়তে আটাইতকৈ ইতিবাচক প্ৰভাৱ আমাৰ আৰক্ষী বাহিনীৰ লগতে সমাজৰ মনোবলৰ ওপৰত পৰে। মহিলা সুৰক্ষা কৰ্মীৰ উপস্থিতিয়ে সহজে মানুহৰ ওপৰত, বিশেষকৈ মহিলাসকলৰ মাজত এক আস্থা জাগ্ৰত কৰে। তেওঁলোকে স্বাভাৱিকতে তেওঁলোকৰ সৈতে সংযুক্ত অনুভৱ কৰে। মানুহে তেওঁলোকৰ সংবেদনশীলতাৰ বাবে মহিলাৰ ওপৰত অধিক নিৰ্ভৰ কৰে। আমাৰ এই মহিলা আৰক্ষীসকলো দেশৰ লাখ লাখ আৰু কন্যাৰ বাবে আদৰ্শ হৈ পৰিছে। মই মহিলা আৰক্ষীসকলক বিদ্যালয় খোলাৰ পিছত তেওঁলোকৰ অঞ্চলৰ বিদ্যালয়সমূহলৈ যাবলৈ, তাত ছোৱালীবোৰৰ সৈতে কথা পাতিবলৈ অনুৰোধ জনাইছো। মই নিশ্চিত যে এই আলোচনাই আমাৰ নতুন প্ৰজন্মক এক নতুন দিশ প্ৰদান কৰিব। কেৱল সেয়াই নহয়, ই আৰক্ষীৰ ওপৰত ৰাইজৰ আস্থাও বৃদ্ধি কৰিব। মই আশা কৰোঁ যে অধিক সংখ্যক মহিলাই আৰক্ষী সেৱাত যোগদান কৰিব, আমাৰ দেশৰ নতুন যুগৰ আৰক্ষীৰ নেতৃত্ব দিব। মোৰ মৰমৰ দেশবাসীসকল, মন কী বাতৰ শ্ৰোতাই প্ৰায়ে মোক আমাৰ দেশত দ্ৰুত গতিত বৃদ্ধি হোৱা আধুনিক প্ৰযুক্তিৰ দ্ৰুত ব্যৱহাৰৰ বিষয়ে সোধে। আজি মই আপোনালোকৰ সৈতে এনে এটা বিষয়ৰ বিষয়ে আলোচনা কৰিব বিচাৰো যিটো আমাৰ দেশৰ, বিশেষকৈ আমাৰ যুৱ আৰু সৰু ল'ৰা-ছোৱালীৰ কল্পনাৰ দ্বাৰা আচ্ছন্ন হৈ পৰিছে। এয়া হৈছে ড্ৰোন, ড্ৰোন প্ৰযুক্তিৰ বিষয়। কেইবছৰমান আগলৈকে, যেতিয়াই ড্ৰোনৰ নাম লোৱা হৈছিল, মানুহৰ মনত প্ৰথম অনুভৱ কি আছিল? সেনাৰ, অস্ত্ৰ-শস্ত্ৰ, যুদ্ধৰ। কিন্তু আজি, যদি আমাৰ বিয়া বা ফাংচন হয়, আমি ড্ৰোনেৰে ফটো আৰু ভিডিঅ' বনোৱা দেখিছোঁ। ড্ৰোনৰ পৰিসৰ, ইয়াৰ শক্তি কেৱল সেয়াই নহয়। ড্ৰোনৰ সহায়ত গাঁৱত ভূমি ডিজিটেল ৰেকৰ্ড প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ভাৰত হৈছে বিশ্বৰ প্ৰথমখন দেশ। ভাৰতে পৰিবহণৰ বাবে ড্ৰোন ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে কাম কৰি আছে। গাঁৱত খেতি কৰাই হওঁক বা ঘৰত সামগ্ৰী বিতৰণ কৰাই হওঁক। জৰুৰীকালীন অৱস্থাত সহায় বা আইন-শৃংখলা নিৰীক্ষণ কৰা। আমাৰ এই সকলো প্ৰয়োজনীয়তাৰ বাবে ড্ৰোন মোতায়েন কৰা হ'ব বুলি আমি দেখিবলৈ বেছি পৰ নাই। ইয়াৰে বেছিভাগেই ইতিমধ্যেই কাম আৰম্ভ কৰিছে। উদাহৰণ স্বৰূপে, কেইদিনমান আগতে গুজৰাটৰ ভাৱনগৰত ড্ৰোনৰ জৰিয়তে পথাৰত নেনো-ইউৰিয়া ছটিয়াই দিয়া হৈছিল। ক’ভিড প্ৰতিষেধক অভিযানত ড্ৰোনেও ভূমিকা পালন কৰি আহিছে। আমি মণিপুৰত ইয়াৰ এখন ছবি পাইছিলো। য'ত প্ৰতিষেধক ড্ৰোনৰ জৰিয়তে এটা দ্বীপলৈ পৰিবহণ কৰা হৈছিল। তেলেংগানাত ড্ৰোনৰ জৰিয়তে প্ৰতিষেধক যোগানৰ প্ৰয়াসো কৰা হৈছে। তদুপৰি, আন্তঃগাঁথনিৰ বহুতো মুখ্য প্ৰকল্প নিৰীক্ষণৰ বাবে এতিয়া ড্ৰোন ব্যৱহাৰ কৰা হৈছে। মই এজন যুৱ ছাত্ৰৰ বিষয়েও পঢ়িছোঁ যিয়ে তেওঁৰ ড্ৰোনৰ সহায়ত মাছমৰীয়াসকলৰ জীৱন ৰক্ষা কৰিছিল। বন্ধুসকল, আগতে, এই খণ্ডত, ইমান বোৰ নিয়ম, আইন আৰু নিষেধাজ্ঞা আৰোপ কৰা হৈছিল যে ড্ৰোনৰ প্ৰকৃত ক্ষমতাৰ ব্যৱহাৰ সম্ভৱ হৈ উঠা নাছিল। যি প্ৰযুক্তিক এটা সুযোগ হিচাপে চোৱাটো উচিত আছিল তাক এক সংকট হিচাপে দেখা গৈছিল। যদি আপুনি যিকোনো বস্তুৰ বাবে ড্ৰোন উৰাব লগা হয়, অনুজ্ঞাপত্ৰ আৰু অনুমতিৰ ক্ষেত্ৰত ইমানেই অসুবিধাত পৰিছিল যে মানুহে ড্ৰোনৰ নামত অনুতাপ কৰিবলগীয়া হৈছিল। আমি এই মানসিকতা সলনি কৰিবলৈ আৰু নতুন প্ৰৱণতা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিলো। সেয়েহে, চলিত বৰ্ষৰ ২৫ আগষ্টত দেশখনে এক নতুন ড্ৰোন নীতি প্ৰস্তুত কৰে। আঁচনিখন ড্ৰোনৰ বৰ্তমান আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ সৈতে খাপ খোৱাকৈ প্ৰস্তুত কৰা হৈছে। ইয়াৰ বাবে অধিক প্ৰ-পত্ৰ পূৰণ কৰিব নালাগিব, বা পূৰ্বৰ দৰে মাচুল দিব নালাগিব। মই আপোনালোকক ক'বলৈ পাই আনন্দিত যে নতুন ড্ৰোন নীতিৰ পিছত, বৈদেশিক আৰু ঘৰুৱা বিনিয়োগকাৰীসকলে বহুতো ড্ৰোন ষ্টাৰ্ট-আপত বিনিয়োগ কৰিছে। বহুতো কোম্পানীয়ে নিৰ্মাণ গোটো স্থাপন কৰি আছে। সেনা, নৌ সেনা আৰু বায়ু সেনাই ভাৰতীয় ড্ৰোন কোম্পানীসমূহক ৫০০ কোটি টকাৰ অধিক মূল্যৰ অৰ্ডাৰো দিছে। আৰু এইটো মাত্ৰ আৰম্ভণি। আমি ইয়াতেই ৰ'ব নালাগিব। আমি ড্ৰোন প্ৰযুক্তিৰ এখন আগশাৰীৰ দেশ হ'ব লাগিব। ইয়াৰ বাবে, চৰকাৰে সকলো সম্ভৱ পদক্ষেপ গ্ৰহণ কৰি আছে। মই দেশৰ যুৱপ্ৰজন্মক ড্ৰোন নীতিৰ পিছত সৃষ্টি হোৱা সুযোগসমূহৰ সদ্ব্যৱহাৰ কৰাৰ বিষয়ে চিন্তা কৰিবলৈও কম। মোৰ মৰমৰ দেশবাসীসকল, উত্তৰ প্ৰদেশৰ মেৰঠৰ 'মন কী বাত'ৰ শ্ৰোতা প্ৰভা শুক্লাই মোলৈ পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পৰ্কীয় এখন পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ এইদৰে লিখিছিল: "ভাৰতৰ উৎসৱবোৰত আমি সকলোৱে পৰিষ্কাৰ-পৰিচ্ছন্নতা উদযাপন কৰোঁ। একেদৰে, যদি আমি পৰিষ্কাৰ-পৰিচ্ছন্নতাক প্ৰতিদিনৰ অভ্যাস হিচাপে তৈয়াৰ কৰোঁ, তেন্তে সমগ্ৰ দেশ পৰিষ্কাৰ হ'ব। মই প্ৰভাজীৰ কথাবোৰ ভাল পাইছিলো। প্ৰকৃততে, য'ত পৰিষ্কাৰ-পৰিচ্ছন্নতা আছে, স্বাস্থ্য আছে, য'ত স্বাস্থ্য আছে, শক্তি আছে, আৰু য'ত শক্তি আছে, সমৃদ্ধি আছে। সেয়েহে, দেশখনে স্বচ্ছ ভাৰত অভিযানৰ ওপৰত ইমান গুৰুত্ব আৰোপ কৰিছে। বন্ধুসকল, ৰাঁচীৰ কাষৰ এখন গাওঁ চেপেৰোম নয়া চৰাইৰ বিষয়ে জানি মই বৰ সুখী হৈছিলোঁ। এই গাওঁখনত এটা পুখুৰী আছিল, কিন্তু মানুহে এই পুখুৰীৰ স্থানটো মুকলিত শৌচ কৰাৰ বাবে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। যেতিয়া স্বচ্ছ ভাৰত অভিযানৰ অধীনত সকলোৰে ঘৰত শৌচালয় নিৰ্মাণ কৰা হৈছিল, গাওঁবাসীয়ে ভাবিছিল যে গাওঁখন পৰিষ্কাৰ কৰাৰ লগতে সুন্দৰো কৰা নহওকনো কিয়। তাৰপিছত কি হ’ল, সকলোৱে পুখুৰীৰ কাষত এখন উদ্যান নিৰ্মাণ কৰিলে। আজি সেই ঠাইখন মানুহৰ বাবে, শিশুসকলৰ বাবে এক ৰাজহুৱা স্থান হৈ পৰিছে। ই সমগ্ৰ গাওঁখনৰ জীৱনলৈ এক ডাঙৰ পৰিৱৰ্তন আনিছে। মই আপোনাক ছত্তীশগড়ৰ দেউৰ গাঁৱৰ মহিলাসকলৰ বিষয়েও ক'ব বিচাৰো। ইয়াত মহিলাসকলে এটা স্ব-সহায়ক গোট চলায় আৰু গাঁৱৰ চুবুৰী, ৰাস্তা আৰু মন্দিৰ পৰিষ্কাৰ কৰিবলৈ একেলগে কাম কৰে। বন্ধুসকল, উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ ৰামবীৰ তানৱাৰজীক 'পুখুৰী পুৰুষ' বুলি জনা যায়। ৰামবীৰজীয়ে মেকানিকেল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰাৰ পিছত চাকৰি কৰি আছিল। কিন্তু তেওঁৰ মনত এনে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ভাৱ আছিল যে তেওঁ চাকৰি এৰি পুখুৰীবোৰ পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰিছিল। ৰামবীৰজীয়ে এতিয়ালৈকে বহুতো পুখুৰী পৰিষ্কাৰ আৰু পুনৰুজ্জীৱিত কৰিছে। বন্ধুসকল, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰচেষ্টা সম্পূৰ্ণৰূপে সফল তেতিয়াহে হয় যদিহে প্ৰতিজন নাগৰিকে পৰিষ্কাৰ-পৰিচ্ছন্নতাক তেওঁৰ দায়িত্ব বুলি বিবেচনা কৰে। এতিয়া, দীপাৱলীত, আমি সকলোৱে আমাৰ ঘৰ পৰিষ্কাৰ কৰা কামত জড়িত হ'বলৈ গৈ আছো। কিন্তু ইয়াৰ মাজতে, আমি মনত ৰাখিব লাগিব যে আমাৰ ঘৰৰ সৈতে আমাৰ চৌপাশো পৰিষ্কাৰ হ'ব লাগে। এনে নহয় যে আমি আমাৰ ঘৰ পৰিষ্কাৰ কৰো, কিন্তু আমাৰ ঘৰৰ লেতেৰাবোৰ আমাৰ ঘৰৰ বাহিৰত আমাৰ ৰাস্তালৈ দলিয়াও । আৰু হয়, যেতিয়া মই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা কও, অনুগ্ৰহ কৰি এবাৰ ব্যৱহৃত প্লাষ্টিকৰ পৰা পৰিত্ৰাণ পোৱাৰ কথা নাপাহৰিব। সেয়েহে, আমি স্বচ্ছ ভাৰত অভিযানৰ উৎসাহ হ্ৰাস নকৰিবলৈ সংকল্প লও আহক। একেলগে আমি আমাৰ দেশক সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিম আৰু পৰিষ্কাৰ ৰাখিম ৷ মোৰ মৰমৰ দেশবাসীসকল, গোটেই অক্টোবৰ মাহটো উৎসৱৰ ৰঙেৰে ৰঙীয়াল হৈ পৰিছে আৰু আজিৰ পৰা কেইদিনমানৰ পিছত দেৱালী আহি আছে। দেৱালী, তাৰ পিছত গোবৰ্ধন পূজা, তাৰ পিছত ভাই দুজ, এই তিনিটা উৎসৱ হ’ব, তাৰ পিছত ষঠ পূজাও অনুষ্ঠিত হ'ব। নৱেম্বৰত গুৰু নানক দেৱজীৰ জন্ম জয়ন্তীও। যেতিয়া ইমানবোৰ উৎসৱ একেলগে অনুষ্ঠিত হয়, ইয়াৰে প্ৰস্তুতিও বহু আগতে আৰম্ভ হয়। আপুনি সকলোৱে এতিয়াৰে পৰা বজাৰ কৰাৰ বাবে পৰিকল্পনা কৰিব পাৰে, কিন্তু আপোনাৰ মনত ৰাখিব, বজাৰ কৰাৰ অৰ্থ হৈছে 'ভকেল ফৰ লোকেল'। যদি আপুনি স্থানীয় সামগ্ৰী ক্ৰয় কৰে, আপোনাৰ উৎসৱটোও আলোকিত কৰা হ'ব আৰু এজন দৰিদ্ৰ ভাতৃ আৰু ভগ্নী, এজন শিল্পী, এজন শিপিনীৰ ঘৰো আলোকিত কৰা হ'ব। মই নিশ্চিত যে আমি সকলোৱে একেলগে আৰম্ভ কৰা অভিযানটো এইবাৰ উৎসৱবোৰত আৰু অধিক শক্তিশালী হ'ব। লগতে আপুনি ইয়াত ক্ৰয় কৰা স্থানীয় সামগ্ৰীৰ বিষয়ে সামাজিক মাধ্যমত ভাগ বতৰা কৰক। আপোনাৰ বন্ধুবৰ্গকো কওক। অহা মাহত আমি পুনৰ লগ পাম, আৰু তাৰ পিছত আমি এনে বহুতো বিষয়ৰ বিষয়ে কথা পাতিম। আপোনালোক সকলোলৈ অশেষ অশেষ ধন্যবাদ ৷ নমস্কাৰ !
২৪.১০.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৮২তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%B6%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%96/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%B6%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%96/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে 'উজ্জল ভাৰত উজ্জল ভৱিষ্যত – শক্তি @২০৪৭'ৰ সমাপ্তি উপলক্ষে চূড়ান্ত অধিৱেশনত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ সময়ত তেওঁ পুনৰ্নিৰ্মাণ বিতৰণ খণ্ড আঁচনিৰ সূচনা কৰে। তেওঁ এনটিপিচিৰ বিভিন্ন সেউজ শক্তি প্ৰকল্পৰ আধাৰশিলা উৎসৰ্গা আৰু স্থাপন কৰে। তেওঁ ৰাষ্ট্ৰীয় সৌৰ ৰুফটপ পৰ্টেল মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। মাণ্ডিৰ শ্ৰী হংসৰাজে প্ৰধানমন্ত্ৰীক কেইউএছইউএম আঁচনিৰ সৈতে তেওঁৰ অভিজ্ঞতাৰ বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে আন কৃষকসকলে কেনেকৈ আঁচনিখনৰ প্ৰতি আগ্ৰহী হৈছে সেয়া সোধা-পোছা কৰে। শ্ৰী হংসৰাজে এই আঁচনিখনৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু এই আঁচনিয়ে তেওঁক আৰু তেওঁৰ পৰিয়ালক কেনেদৰে সহায় কৰে সেই বিষয়ে বৰ্ণনা কৰে। ত্ৰিপুৰাৰ খোৱাইৰ শ্ৰী কালাহা ৰিয়াঙে প্ৰধানমন্ত্ৰীক তেওঁৰ গাঁৱত বিদ্যুতৰ আগমনৰ ফলত হোৱা পৰিৱৰ্তনৰ বিষয়ে অৱগত কৰে। তেওঁ জনায় যে সৌৰ শক্তিৰ পিছত কেৰাচিনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাইছে। প্ৰধানমন্ত্ৰীয়ে লগতে বিদ্যুতৰ আগমনৰ দ্বাৰা অনা অন্যান্য পৰিৱৰ্তনৰ বিষয়ে সোধে। শ্ৰী ৰিয়াঙে কয় যে এতিয়া তেওঁলোকে মোবাইল ফোনবোৰ চাৰ্জ কৰিবলৈ সক্ষম হৈছে যাৰ বাবে তেওঁলোকে দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰিছিল। সৌৰ শক্তিয়ে শিশুসকলৰ শিক্ষা উন্নত কৰিছে, আৰু স্থানীয় উদ্যোগ আৰু সন্ধিয়াৰ জীৱনৰ পৰিৱৰ্তন হৈছে। প্ৰধানমন্ত্ৰীয়ে তেওঁক টিভিত চৰকাৰৰ দ্বাৰা পৰিচালিত শৈক্ষিক টিভি চেনেলসমূহ ব্যৱহাৰ কৰিবলৈ কয়। প্ৰধানমন্ত্ৰীয়ে তেওঁক বিদ্যুৎ ৰাহি কৰিবলৈও কয়। দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনাৰ হিতাধিকাৰী বিশাখাপত্তনমৰ শ্ৰী কাগু ক্ৰান্তি কুমাৰে তেওঁৰ জীৱনত বিদ্যুতৰ ইতিবাচক প্ৰভাৱৰ বিষয়েও বিৱৰণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিজন নাগৰিকে অগ্ৰগতি লাভ কৰিলেহে দেশৰ উন্নতি হ'ব আৰু দেশৰ সকলো গাঁৱত বিদ্যুতৰ সুবিধা উপলব্ধ হোৱাত সন্তুষ্টি ব্যক্ত কৰে। সমন্বিত শক্তি উন্নয়ন আঁচনিৰ হিতাধিকাৰী বাৰাণসীৰ শ্ৰীমতী প্ৰমীলা দেৱীক প্ৰধানমন্ত্ৰীয়ে হৰ হৰ মহাদেৱৰ শুভেচ্ছা জনায়। বাৰাণসীৰ এজন সংসদ সদস্য প্ৰধানমন্ত্ৰীয়ে তেওঁক তেওঁৰ হৈ বাবা বিশ্বনাথক শ্ৰদ্ধা জনাবলৈ কয়। প্ৰধানমন্ত্ৰীয়ে লগতে আনন্দ প্ৰকাশ কৰে যে মূৰৰ ওপৰৰ তাঁৰবোৰ ক্ৰমান্বয়ে পৰ্যায়ক্ৰমে আঁতৰাই অনা হৈছে যাৰ ফলত সুৰক্ষা আৰু নান্দনিক পৰিণাম উন্নত হ'ব। আহমেদাবাদৰ শ্ৰী ধীৰেন সুৰেশবাহী পেটেলে সৌৰ পেনেল স্থাপনৰ অভিজ্ঞতাৰ বিষয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰুফটপ পেনেল স্থাপন কৰি ধীৰেনভাই এজন বিদ্যুৎ বিক্ৰেতা হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা বছৰত ২০৪৭ চনৰ ভিতৰত শক্তি খণ্ডত দেশৰ এক আত্মবিশ্বাসী স্থিতি নিশ্চিত কৰাৰ বাবে বহুতো পদক্ষেপ লোৱা হৈছে। তেওঁ কয় যে এই ক্ষেত্ৰত জনসাধাৰণৰ অংশগ্ৰহণেই হ’ল আটাইতকৈ ডাঙৰ শক্তি। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অহা ২৫ বছৰত ভাৰতৰ প্ৰগতি ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত শক্তি আৰু বিদ্যুৎ খণ্ডৰ এক বৃহৎ ভূমিকা আছে। ইজ অফ ডুয়িং বিজনেছৰ বাবে শক্তি খণ্ডৰ শক্তিও গুৰুত্বপূৰ্ণ আৰু জীৱন ধাৰণৰ সহজতাৰ বাবেও সমানে গুৰুত্বপূৰ্ণ। তেওঁ কয় যে আজি আৰম্ভ কৰা প্ৰকল্পসমূহ দেশৰ বাবে সেউজ শক্তি আৰু শক্তি সুৰক্ষাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ। এই প্ৰকল্পসমূহে ভাৰতৰ নৱীকৰণযোগ্য শক্তিৰ লক্ষ্য, প্ৰতিশ্ৰুতি আৰু ইয়াৰ সেউজ গতিশীলতাৰ আকাংক্ষা শক্তিশালী কৰিব, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে লাডাখ আৰু গুজৰাটত দুটা ডাঙৰ সেউজীয়া হাইড্ৰজেন প্ৰকল্পৰ কাম আজিৰ পৰা আৰম্ভ হৈছে। লাডাখত স্থাপন কৰা উদ্ভিদটোৱে দেশত যান-বাহনৰ বাবে সেউজীয়া হাইড্ৰজেন উৎপাদন কৰিব। এইটো দেশৰ প্ৰথম প্ৰকল্প হ'ব যিয়ে সেউজীয়া হাইড্ৰজেন-আধাৰিত পৰিবহণৰ বাণিজ্যিক ব্যৱহাৰ সম্ভৱ কৰি তুলিব। লাডাখ অতি সোনকালেই দেশৰ প্ৰথম স্থান হ'ব য'ত ইন্ধন কোষৰ বৈদ্যুতিক বাহন চলাচল আৰম্ভ হ'ব। ই লাডাখক কাৰ্বন-নিৰপেক্ষ অঞ্চল হিচাপে তৈয়াৰ কৰাত সহায় কৰিব, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে পেট্ৰ'ল আৰু বিমানৰ ইন্ধনত ইথানল মিহলি কৰাৰ পিছত এতিয়া দেশখনে পাইপযুক্ত প্ৰাকৃতিক গেছ পাইপলাইনত সেউজীয়া হাইড্ৰজেন মিহলি কৰাৰ দিশত আগবাঢ়িছে। যি প্ৰাকৃতিক গেছৰ ওপৰত আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰিব ৷ ২০১৪ চনৰ পূৰ্বে শক্তিৰ দুৰ্বল অৱস্থাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে সোঁৱৰাই দিয়ে যে আঠ বছৰ পূৰ্বে চৰকাৰে দেশৰ শক্তি খণ্ডৰ প্ৰতিটো অংশ পৰিৱৰ্তনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল। শক্তি প্ৰণালী উন্নত কৰাৰ বাবে চাৰিটা পৃথক দিশত একেলগে কাম কৰা হৈছিল – উৎপাদন, ট্ৰেঞ্চমিচন, বিতৰণ আৰু সংযোগ। প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ৮ বছৰত দেশত প্ৰায় ১,৭০,০০০ মেগাৱাট বিদ্যুৎ উৎপাদন ক্ষমতা যোগ কৰা হৈছে। এক ৰাষ্ট্ৰ এক পাৱাৰ গ্ৰিড আজি দেশৰ শক্তি হৈ পৰিছে। সমগ্ৰ দেশক সংযোগ কৰিবলৈ প্ৰায় ১,৭০,০০০ বৰ্তনী কিলোমিটাৰ ট্ৰেঞ্চমিচন লাইন স্থাপন কৰা হৈছে। তদুপৰি, সৌভাগ্য আঁচনিৰ অধীনত ৩ কোটি সংযোগ প্ৰদান কৰি আমি সংপৃক্ততাৰ লক্ষ্যৰ সমীপলৈ আহিছো বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে 'স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱালৈ ভিতৰত আমি ১৭৫ গিগাৱাট নৱীকৰণযোগ্য শক্তি ক্ষমতা সৃষ্টি কৰাৰ সংকল্প লৈছো। আজি আমি এই লক্ষ্যৰ ওচৰলৈ আহিছো। এতিয়ালৈকে, অ-জীৱাশ্ম উৎসৰ পৰা প্ৰায় ১৭০ গিগাৱাট ক্ষমতা স্থাপন কৰা হৈছে। তেওঁ লগতে কয় যে আজি ভাৰতে স্থাপন কৰা সৌৰ ক্ষমতাৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ ৪-৫ খন দেশত নাম অন্তৰ্ভুক্ত কৰিছে। পৃথিৱীৰ বহুতো বৃহৎ সৌৰ শক্তি প্ৰকল্প আজি ভাৰতত আছে। দেশখনত আজি আৰু দুটা ডাঙৰ সৌৰ প্ৰকল্প স্থাপন হৈছে। তেলেংগানা আৰু কেৰালাত নিৰ্মিত এই প্ৰকল্পবোৰ দেশৰ প্ৰথম আৰু দ্বিতীয় সৰ্ববৃহৎ ভাসমান সৌৰ প্ৰকল্প। প্ৰধানমন্ত্ৰীয়ে কয় যে ঘৰসমূহত সৌৰ পেনেল ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিদ্যুতৰ উৎপাদন বৃদ্ধিৰ লগতে বিদ্যুৎ সঞ্চয়ৰ ওপৰতো চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। "বিদ্যুৎ সঞ্চয় কৰাৰ অৰ্থ হৈছে ভৱিষ্যৎ সমৃদ্ধ কৰা। প্ৰধানমন্ত্ৰী কুসুম যোজনা ইয়াৰ এক উৎকৃষ্ট উদাহৰণ। আমি কৃষকসকলক সৌৰ পাম্পৰ সুবিধা প্ৰদান কৰিছো, পথাৰৰ কাষত সৌৰ পেনেল স্থাপনত সহায় কৰিছো", তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে উজলা আঁচনিয়ে দেশত বিদ্যুতৰ ব্যৱহাৰ আৰু বিল হ্ৰাস কৰাতো এক ডাঙৰ ভূমিকা পালন কৰিছে। প্ৰতি বছৰে দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বিদ্যুতৰ বিলৰ পৰা ৫০ হাজাৰ কোটি টকা ৰাহি হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সময়ৰ লগে লগে আমাৰ ৰাজনীতিত এক গুৰুতৰ বিকাৰ ৰৈ গৈছে। ৰাজনীতিত, মানুহৰ সাহস থাকিব লাগে, সঁচা কথা ক'ব লাগে, কিন্তু আমি দেখিছোঁ যে কিছুমান ৰাজ্যই ইয়াক এৰাই চলিবলৈ চেষ্টা কৰে। এই কৌশলটো কম সময়ৰ বাবে ভাল ৰাজনীতিৰ দৰে লাগিব পাৰে। আজিৰ সমস্যাসমূহৰ সমাধান পৰিহাৰ কৰি ভৱিষ্যতৰ বাবে এৰি দিয়াৰ এই চিন্তা দেশৰ বাবে ভাল নহয়, তেওঁ কয়। এই চিন্তা প্ৰক্ৰিয়াই বহুতো ৰাজ্যৰ শক্তি খণ্ডক বৃহৎ সমস্যাৰ ফালে ঠেলি দিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ বিতৰণ খণ্ডত লোকচান দুটা অংকত আছে। আনহাতে পৃথিৱীৰ উন্নত দেশসমূহত ই এটা অংকত আছে। ইয়াৰ অৰ্থ হৈছে যে আমাৰ যথেষ্ট বিদ্যুতৰ অপচয় হৈছে আৰু সেয়েহে আমি বিদ্যুতৰ চাহিদা পূৰণ কৰাৰ প্ৰয়োজনতকৈ অধিক বিদ্যুৎ উৎপাদন কৰিব লাগিব। তেওঁ কয় যে বহুতো ৰাজ্যত বিতৰণ আৰু ট্ৰেঞ্চমিচন লোকচান হ্ৰাস কৰাত বিনিয়োগৰ অভাৱ আছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে বিভিন্ন ৰাজ্যৰ ১ লাখ কোটি টকাৰো অধিক বকেয়া আছে বুলি জানি ৰাইজে আচৰিত হ'ব। তেওঁলোকে এই ধন বিদ্যুৎ উৎপাদন কোম্পানীবোৰক দিব লাগিব। বিদ্যুৎ বিতৰণ কোম্পানীবোৰৰ বহুতো চৰকাৰী বিভাগ আৰু স্থানীয় সংস্থাৰ পৰা ৬০ হাজাৰ কোটি টকাৰ অধিক ঋণ আছে। তেওঁ কৈছিল যে এই কোম্পানীবোৰে বিভিন্ন ৰাজ্যত বিদ্যুতৰ ওপৰত ৰাজসাহায্যৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ধনো সময়মতে আৰু সম্পূৰ্ণৰূপে লাভ কৰিবলৈ সক্ষম নহয়। এই বকেয়া পৰিমাণো ৭৫,০০০ কোটি টকাতকৈও অধিক। বিদ্যুৎ উৎপাদনৰ পৰা ঘৰে ঘৰে বিতৰণলৈকে কাৰ্যকলাপৰ বাবে দায়বদ্ধ লোকসকল, তেওঁলোকৰ প্ৰায় আঢ়ৈ লাখ কোটি টকা আৱদ্ধ হৈ আছে। প্ৰধানমন্ত্ৰীয়ে যিবোৰ ৰাজ্যৰ প্ৰাপ্য বাকী আছে তেওঁলোকক যিমান সম্ভৱ সোনকালে পৰিশোধ কৰিবলৈ অনুৰোধ কৰে। লগতে, সততাৰে ইয়াৰ কাৰণবোৰ বিবেচনা কৰিবলৈ কয় যে দেশবাসীয়ে তেওঁলোকৰ বিদ্যুতৰ বিল সততাৰে পৰিশোধ কৰিলেও, কিছুমান ৰাজ্যৰ বাৰে বাৰে বকেয়া কিয় থাকে? তেওঁ কয় যে এয়া 'ৰাজনীতি'ৰ বিষয় নহয়, কিন্তু 'ৰাষ্ট্ৰনীতি' আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ সৈতে সম্পৰ্কিত, তেওঁ কয়। শেষত তেওঁ অংশীদাৰসকলক সোঁৱৰাই দি এইবুলি কয় যে বিদ্যুৎ খণ্ডৰ স্বাস্থ্য সকলোৰে দায়িত্ব। পৃষ্ঠভূমি প্ৰধানমন্ত্ৰীৰ নেতৃত্বত চৰকাৰে শক্তি খণ্ডত একাধিক পথপ্ৰদৰ্শক পদক্ষেপ গ্ৰহণ কৰিছে। এই সংস্কাৰসমূহে খণ্ডটোক পৰিৱৰ্তন কৰিছে, সকলোৰে বাবে সুলভ শক্তি উপলব্ধ কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আগতে বিদ্যুতৰ সুবিধা লাভ নকৰা প্ৰায় ১৮,০০০ গাঁৱৰ বৈদ্যুতিকীকৰণে অন্তিম মাইলৰ প্ৰসাৰ নিশ্চিত কৰাৰ দিশত চৰকাৰৰ প্ৰতিশ্ৰুতিক সূচাইছে। শক্তি মন্ত্ৰালয়ৰ ধ্বজ্বাবাহী পুনৰ্নিৰ্মাণ বিতৰণ খণ্ড আঁচনিৰ উদ্দেশ্য হৈছে ডিচকম আৰু শক্তি বিভাগৰ কাৰ্যকৰী দক্ষতা আৰু বিত্তীয় স্থিৰতা উন্নত কৰা। ২০২১–২২ বিত্তীয় বৰ্ষৰ পৰা ২০২৫–২৬ বিত্তীয় বৰ্ষলৈ পাঁচ বছৰৰ ভিতৰত ৩ লাখ কোটি টকাৰ অধিক ব্যয়ৰ সৈতে, আঁচনিখনৰ লক্ষ্য হৈছে বিতৰণ আন্তঃগাঁথনিৰ আধুনিকীকৰণ আৰু শক্তিশালীকৰণৰ বাবে ডিচকমসমূহক বিত্তীয় সাহায্য প্ৰদান কৰা, অন্তিম গ্ৰাহকসকলক যোগানৰ নিৰ্ভৰযোগ্যতা আৰু মানদণ্ডৰ উন্নতিৰ ওপৰত গুৰুত্ব দিয়া। ইয়াৰ লক্ষ্য হৈছে সকলো ৰাজ্যিক খণ্ডৰ ডিচকম আৰু শক্তি বিভাগৰ কাৰ্যকৰী দক্ষতা আৰু বিত্তীয় স্থিৰতা উন্নত কৰি ২০২৪–২৫ বৰ্ষৰ ভিতৰত এটিএণ্ডচি (মুঠ কাৰিকৰী আৰু বাণিজ্যিক) লোকচান ১২–১৫% আৰু এচিএছ–এআৰআৰ (যোগান–গড় ৰাজহ উপলব্ধিৰ গড় ব্যয়) ব্যৱধান শূন্যলৈ হ্ৰাস কৰা। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৫২০০ কোটি টকাৰ অধিক মূল্যৰ এনটিপিচিৰ বিভিন্ন সেউজ শক্তি প্ৰকল্পৰ আধাৰশিলা উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ তেলেংগানাত ১০০ মেগাৱাটৰ ৰামাগুণ্ডম ফ্লোটিং সৌৰ প্ৰকল্প আৰু কেৰালাত ৯২ মেগাৱাটৰ কায়ামকুলম ফ্লোটিং সৌৰ প্ৰকল্প উদ্বোধন কৰে। তেওঁ ৰাজস্থানত ৭৩৫ মেগাৱাটৰ নোখ সৌৰ প্ৰকল্প, লেহত সেউজীয়া হাইড্ৰজেন গতিশীলতা প্ৰকল্প আৰু গুজৰাটত প্ৰাকৃতিক গেছ প্ৰকল্পৰ সৈতে কাৱাছ সেউজ হাইড্ৰজেন মিশ্ৰণৰ আধাৰশিলা স্থাপন কৰে। চলিত 'আজাদী কা অমৃত মহোৎসৱ'ৰ অংশ হিচাপে 'উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত – শক্তি @২০৪৭' ২৫ জুলাইৰ পৰা ৩০ জুলাইলৈ অনুষ্ঠিত হৈছে। সমগ্ৰ দেশতে আয়োজিত, ই বিগত আঠ বছৰত প্ৰাপ্ত শক্তি খণ্ডৰ পৰিৱৰ্তন প্ৰদৰ্শন কৰে। ইয়াৰ উদ্দেশ্য হৈছে চৰকাৰৰ বিভিন্ন শক্তি সম্পৰ্কীয় পদক্ষেপ, আঁচনি আৰু কাৰ্যসূচীত তেওঁলোকৰ সজাগতা আৰু অংশগ্ৰহণ উন্নত কৰি নাগৰিকসকলক সৱলীকৃত কৰা।
প্ৰধানমন্ত্ৰীয়ে শক্তি খণ্ডৰ পুনৰ্নিৰ্মাণ বিতৰণ খণ্ড আঁচনি আৰম্ভ কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A7%8E%E0%A6%B8%E0%A6%BE-%E0%A6%97%E0%A7%B1%E0%A7%87%E0%A6%B7%E0%A6%A3%E0%A6%BE-%E0%A6%AA%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A7%8E%E0%A6%B8%E0%A6%BE-%E0%A6%97%E0%A7%B1%E0%A7%87%E0%A6%B7%E0%A6%A3%E0%A6%BE-%E0%A6%AA%E0%A7%B0/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR), ভাৰত আৰু উদ্ভাৱনীমূলক নতুন ডায়েগনষ্টিক্সৰ অৰ্থে ফাউণ্ডেশ্যন (FIND), ছুইজাৰলেণ্ডৰ মাজত স্বাক্ষৰিত এখনি বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে। এই বুজাবুজিৰ চুক্তিৰ লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ কাঠামোৰ অধীনত সম্পৰ্ক সুদৃঢ় কৰা আৰু পাৰস্পৰিক আগ্ৰহৰ ক্ষেত্ৰত সহযোগিতাক প্ৰোৎসাহিত কৰা। ২০২১ ৰ ফেব্ৰুৱাৰীত ভাৰতৰদ্বাৰা এই বুজাবুজিৰ চুক্তি (MoU) ত স্বাক্ষৰ কৰা হৈছিল। লাভালাভঃ এই বুজাবুজিৰ চুক্তি (MoU) এ ভাৰত আৰু ছুইজাৰলেণ্ডৰ মাজত পাৰস্পৰিক আগ্ৰহৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ কাঠামোৰ অধীনত সম্পৰ্ক অধিক সুদৃঢ় কৰিব। আৰ্থিক প্ৰভাৱ (Financial Implications): ৰিকুৱেষ্ট ফৰ প্ৰপ’জেল (RFP) ৰ জৰিয়তে চিনাক্ত কৰা স্থানীয় অংশীদাৰ আৰু গৱেষণাকাৰীসকলৰ অৰ্থে $১০০,০০০ আমেৰিকান ডলাৰ পৰ্যন্ত পুঁজি উপলব্ধ কৰিবলৈ আইচিএমআৰ অংগীকাৰবদ্ধ হোৱাৰ সমান্তৰালভাৱে এফআইএনডিয়ে $৪০০,০০০ আমেৰিকান ডলাৰ পৰ্যন্ত পুঁজি উপলব্ধ কৰিব। পৃষ্ঠপটঃ আইচিএমআৰে দেশখনত অভ্যন্তৰীণ আৰু বাহ্যিক গৱেষণাৰ জৰিয়তে জৈৱ চিকিৎসা গৱেষণাক উদ্দীপনা যোগাইছে। এফআইএনডি হৈছে (ভাৰতীয়) কোম্পানী আইন, ২০১৩ ৰ ৮ নং অনুচ্ছেদৰ অধীনত গঠিত এটি স্বতন্ত্ৰ লাভ-হীন সংস্থা।
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR), ভাৰত আৰু উদ্ভাৱনীমূলক নতুন ডায়েগনষ্টিক্সৰ অৰ্থে ফাউণ্ডেশ্যন (FIND), ছুইজাৰলেণ্ডৰ মাজৰ বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A7%A7%E0%A7%AE-%E0%A6%A1%E0%A6%BF%E0%A6%9A%E0%A7%87%E0%A6%AE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A7%A7%E0%A7%AE-%E0%A6%A1%E0%A6%BF%E0%A6%9A%E0%A7%87%E0%A6%AE/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ ডিচেম্বৰ, ২০২১ৰ দিনৰ প্ৰায় ১ বজাত উত্তৰ প্ৰদেশৰ শাহজাহানপুৰত গংগা এক্সপ্ৰেছ-ৱেৰ আধাৰশিলা স্থাপন কৰিব। দেশজুৰি দ্ৰুত গতিত কানেক্টিভিটি প্ৰদান কৰা সম্পৰ্কীয় প্ৰধানমন্ত্ৰীৰ ভিজন এক্সপ্ৰেছ-ৱেৰ দ্বাৰা ই অনুপ্ৰাণিত। ৫৯৪ কিলোমিটাৰ দীঘল তথা ছয় লেনৰ এক্সপ্ৰেছ-ৱে ৩৬,২০০ কোটি টকাতকৈ অধিক ব্যয়েৰে নিৰ্মাণ কৰা হ'ব। মেৰঠৰ বিজৌলী গাঁৱৰ ওচৰৰ পৰা আৰম্ভ হৈ এক্সপ্ৰেছ-ৱে প্ৰয়াগৰাজৰ জুদাপুৰ দাণ্ডূ গাঁৱলৈকে যাব। ই মেৰঠ, হাপুড়, বুলন্দশহৰ, অমৰোহা, সম্ভল, বদায়ুঁ, শাহজাহানপুৰ, হৰদোই, উন্নাও, ৰায়বৰেলী,প্ৰতাপগঢ় আৰু প্ৰয়াগৰাজ হৈ পাৰ হ'ব। সম্পূৰ্ণৰূপে নিৰ্মিত হোৱাৰ পিছত, ই ৰাজ্যখনৰ পশ্চিম আৰু পূবৰ ক্ষেত্ৰসমূহক সংযুক্ত কৰা উত্তৰ প্ৰদেশৰ সবাতোকৈ দীৰ্ঘ এক্সপ্ৰেছ-ৱে হ'ব। এক্সপ্ৰেছ-ৱেত শাহজাহানপুৰত ৩.৫ কিলোমিটাৰ দীঘল এয়াৰ ষ্ট্ৰিপ নিৰ্মাণ কৰা হ'ব, যি বায়ু সেনাৰ বিমানক জৰুৰীকালীন উড়ণ আৰু অৱতৰণত সহায় কৰিব। এক্সপ্ৰেছ-ৱেৰ লগতে এক ঔদ্যোগিক কৰিডৰ বনোৱাৰো প্ৰস্তাৱ আছে। এক্সপ্ৰেছ-ৱেৰ জৰিয়তে ঔদ্যোগিক বিকাশ, বাণিজ্য, কৃষি, পৰ্যটন আদি ক্ষেত্ৰই উদগণি লাভ কৰিব। ইয়াৰ ফলত ক্ষেত্ৰৰ সামাজিক-অৰ্থনৈতিক বিকাশো উৎসাহিত হ'ব।
প্ৰধানমন্ত্ৰীয়ে ১৮ ডিচেম্বৰত শাহজাহানপুৰত গংগা এক্সপ্ৰেছ-ৱেৰ আধাৰশিলা স্থাপন কৰি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BE%E0%A6%AA%E0%A6%BE%E0%A6%A8-%E0%A6%AD%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A3%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%A3%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BE%E0%A6%AA%E0%A6%BE%E0%A6%A8-%E0%A6%AD%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A3%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%A3%E0%A6%A4/
জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম ফুমিঅ’ কিশিদাৰ আমন্ত্ৰণমৰ্মে ২০২২ ৰ ২৩-২৪ মে’লৈ মই জাপানৰ টকিঅ’ ভ্ৰমণ কৰিম। ২০২২ ৰ মাৰ্চত চতুৰ্দশ ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী কিশিদাক আপ্যায়ন কৰিবলৈ পাই সুখী হৈছিলো। টকিঅ’ ভ্ৰমণৰ সময়ছোৱাত মই ভাৰত-জাপানৰ বিশেষ কৌশলগত আৰু বিশ্ব অংশীদাৰিত্ব সুদৃঢ়কৰণৰ লক্ষ্যৰে আমাৰ অধিক কথোপকথন অব্যাহত ৰাখিবলৈ আগ্ৰহী হৈ উঠিছো। জাপানত মই দ্বিতীয় ‘ইন-পাৰ্ছন’ কোৱাড নেতৃত্ব সন্মিলনটো অংশগ্ৰহণ কৰিম, যিয়ে চাৰিখন কোৱাড দেশৰ নেতৃত্বক কোৱাড পদক্ষেপৰাজিৰ অগ্ৰগতি পৰ্য্যালোচনাৰ পথ প্ৰশস্ত কৰিব। আমি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নয়ন আৰু পাৰস্পৰিক স্বাৰ্থৰ বৈশ্বিক বিষয়সমূহৰ সম্পৰ্কেও মত-বিনিময় কৰিম। মই ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে এখনি দ্বিপাক্ষিক বৈঠকত মিলিত হ’ম, য’ত আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে আমাৰ বহু-মুখী দ্বিপাক্ষিক সম্পৰ্ক অধিক সংহতকৰণ সম্পৰ্কে আলোচনা কৰিম। আমি আঞ্চলিক উন্নয়ন আৰু সমসাময়িক বৈশ্বিক প্ৰসংগসমূহৰ সন্দৰ্ভতো আমাৰ আলোচনা অব্যাহত ৰাখিম। অষ্ট্ৰেলিয়াৰ নৱ-নিৰ্বাচিত প্ৰধানমন্ত্ৰী এন্থনী আলবানিজে প্ৰথমবাৰৰ বাবে কোৱাড নেতৃত্ব সন্মিলনখনিত যোগদান কৰিব। মই তেখেতৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিম, য’ত বিস্তৃত কৌশলগত অংশীদাৰিত্বৰ অধীনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বহুমুখী সহযোগিতা আৰু পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহৰ সম্পৰ্কে আলোচনা কৰা হ’ব। ভাৰত আৰু জাপানৰ মাজৰ অৰ্থনৈতিক সহযোগিতা আমাৰ বিশেষ কৌশলগত আৰু বিশ্ব অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ দিশ। মাৰ্চৰ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী কিশিদা আৰু মই জাপানৰপৰা ভাৰতলৈ অহা পাঁচ বছৰত ৰাজহুৱা আৰু ব্যক্তিগত বিনিয়োগ আৰু বিত্তীয় যোগানৰ ক্ষেত্ৰত ৫ ট্ৰিলিয়ন জেপিৱাই বাস্তৱায়িতকৰণৰ আমাৰ উদ্দেশ্য সম্পৰ্কে ঘোষণা কৰিছিলো। এই উদ্দেশ্যত উপনীত হ’বলৈ আগন্তুক ভ্ৰমণৰ সময়ত মই আমাৰ দেশসমূহৰ মাজত অৰ্থনৈতিক সংযোগ অধিক সুদৃঢ়কৰণৰ লক্ষ্যৰে জাপানৰ ব্যৱসায়িক নেতৃত্বৰে মিলিত হ’ম। জাপানত প্ৰায় ৪০ হাজাৰ প্ৰবাসী ভাৰতীয়ই বাস কৰে, যিসকল জাপানৰে আমাৰ সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ ভৰসা। তেওঁলোকৰে মত-বিনিময় কৰিবলৈ মই আগ্ৰহী হৈ উঠি The newly-elected look forward to interacting with them.
জাপান ভ্ৰমণৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীৰ বক্তব্য
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%B9%E0%A6%BF%E0%A6%AE%E0%A6%BE%E0%A6%9A%E0%A6%B2-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%B9%E0%A6%BF%E0%A6%AE%E0%A6%BE%E0%A6%9A%E0%A6%B2-2/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশত সংঘটিত ফেক্টৰী দূৰ্ঘটনাত নিহত লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে ভুক্তভোগীসকললৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য নিধি(পিএমএনআৰএফ)ৰ পৰা আৰ্থিক অনুদানো ঘোষণা কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে টুইট কৰিছেঃ "হিমাচল প্ৰদেশৰ উনাৰ এটা কাৰখানাত সংঘটিত দূৰ্ঘটনা অত্যন্ত দুখজনক। এই ঘটনাত যিয়ে নিজৰ পৰিয়াল আৰু আত্মীয়-স্বজনক হেৰুৱাবলগীয়া হ’ল, তেওঁলোকৰ প্ৰতি মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো। লগতে দূৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত লোকসকল শীঘ্ৰে সুস্থ হৈ উঠিব বুলি মই আশা কৰিছোঃ প্ৰধানমন্ত্ৰী " "হিমাচল প্ৰদেশত কাৰখানা দূৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য নিধি(পিএমএনআৰএফ)ৰ পৰা ২লাখকৈ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হ’বঃ প্ৰধানমন্ত্ৰী।"
প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশত সংঘটিত ফেক্টৰী দূৰ্ঘটনাত নিহতসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A7%87%E0%A6%B2-%E0%A6%85%E0%A7%B1%E0%A6%B8%E0%A7%B0%E0%A6%AA%E0%A7%8D%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A7%87%E0%A6%B2-%E0%A6%85%E0%A7%B1%E0%A6%B8%E0%A7%B0%E0%A6%AA%E0%A7%8D%E0%A7%B0/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এয়াৰ মাৰ্শ্বেল (অৱসৰপ্ৰাপ্ত) পি ভি আয়াৰৰ সৈতে হোৱা বৈঠকত আনন্দ প্ৰকাশ কৰিছে। এয়াৰ মাৰ্শ্বেল আয়াৰে তেওঁক এখন কিতাপো উপহাৰ হিচাপে প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; "আজি এয়াৰ মাৰ্শ্বেল (অৱসৰপ্ৰাপ্ত) পি.ভি. আয়াৰক লগ পাই আনন্দিত হৈছো। জীৱনৰ প্ৰতি তেওঁৰ আগ্ৰহ আৰু সুস্থ আৰু স্বাস্থ্যৱান হৈ থকাৰ আগ্ৰহ লক্ষণীয়। তেওঁৰ কিতাপখনৰ এটা প্ৰতিলিপি পাই ভাল লাগিছে। "
এয়াৰ মাৰ্শ্বেল (অৱসৰপ্ৰাপ্ত) পি ভি আয়াৰক সাক্ষাৎপ্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%80%E0%A6%95-%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%8D%E0%A6%AF%E0%A6%BF-%E0%A6%A6%E0%A6%BF%E0%A7%9F%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%80%E0%A6%95-%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%8D%E0%A6%AF%E0%A6%BF-%E0%A6%A6%E0%A6%BF%E0%A7%9F%E0%A6%BE/
নমস্কাৰ, মোৰ মৰমৰ দেশবাসী! আজি মই নিজৰ কথাৰ আৰম্ভণি এটা বেদবাক্যৰে কৰিব খুজিছো। কৃতম্ মে দক্ষিণে হস্তে, জয়ো মে সব্য আহিতঃ। এই কথাষাৰ ভাৰতৰ সন্দৰ্ভত যদি চোৱা যায় তেন্তে বহুত চিধাচিধি অৰ্থ এইটোৱেই যে আমাৰ দেশে এফালে কৰ্তব্য পালন কৰিছে আৰু আনফালে বৃহৎ সফলতাও লাভ কৰিছে। কালি ২১ অক্টোবৰত ভাৰতে ১০০ কোটি ভেকচিন ড'জৰ কঠিন কিন্তু অসাধাৰণ লক্ষ্য আহৰণ কৰিলে। এই অভিজ্ঞতাৰ অন্তৰালত ১৩০ কোটি দেশবাসীৰ কৰ্তব্যশক্তি লাগি আছে, সেয়ে এই সফলতা ভাৰতৰ সফলতা, প্ৰত্যেক দেশবাসীৰ সফলতা। মই ইয়াৰ বাবে প্ৰত্যেক দেশবাসীক হৃদয়ৰ পৰা অভিনন্দন জনাইছো। বন্ধুসকল, ১০০ কোটি ভেকচিন ড'জ, এয়া কেৱল এটা সংখ্যা নহয়। এয়া দেশৰ সামৰ্থ্যৰ প্ৰতিবিম্ব, ইতিহাসৰ নতুন অধ্যায়ৰ ৰচনা, এয়া সেই নতুন ভাৰতৰ ছবি যি কঠিন লক্ষ্য নিৰ্ধাৰণ কৰি, তাক আহৰণ কৰিব জানে। এয়া সেই নতুন ভাৰতৰ ছবি যি নিজৰ সংকল্পৰ সিদ্ধিৰ বাবে পৰিশ্ৰমৰ পৰাকাষ্ঠা কৰে। বন্ধুসকল, আজি বহু মানুহে ভাৰতৰ ভেকচিনেচন প্ৰগ্ৰেমৰ তুলনা পৃথিৱীৰ অন্য দেশৰ সৈতে কৰি আছে। যি দ্ৰুততাৰে ১০০ কোটিৰ, ৱান বিলিয়নৰ সংখ্যা অতিক্ৰম কৰিলে, তাৰ প্ৰশংসাও হৈ আছে। কিন্তু এই বিশ্লেষণত এটা কথা প্ৰায়েই আওকাণ কৰা হয় যে আমি এই আৰম্ভণি ক'ৰ পৰা কৰিলো! পৃথিৱীৰ অন্য ডাঙৰ দেশসমূহৰ বাবে ভেকচিনৰ ওপৰত ৰিছাৰ্চ কৰা, ভেকচিনৰ সন্ধান কৰা, এই ক্ষেত্ৰত দশক দশক ধৰি তেওঁলোকৰ মহাৰথ, expertise আছিল। ভাৰতে বেছিভাগ এই দেশসমূহে বনোৱা ভেকচিনৰ ওপৰতে নিৰ্ভৰশীল আছিল। আমি বাহিৰৰ পৰা অনাইছিলো, সেয়ে যেতিয়া ১০০ বছৰৰ সবাতোকৈ ডাঙৰ মহামাৰী আহিল, তেতিয়া ভাৰতৰ ওপৰত প্ৰশ্ন উঠিবলৈ ধৰিলে। ভাৰতে এই বৈশ্বিক মহামাৰীৰ সৈতে যুঁজিব পাৰিবনে? ভাৰতে অন্য দেশৰ পৰা ইমান ভেকচিন ক্ৰয় কৰাৰ পইচা ক'ৰ পৰা আনিব? ভাৰতে ভেকচিন কেতিয়া পাব? ভাৰতৰ মানুহে বাৰু ভেকচিন পাব নে নাপায়? ভাৰতে ইমান মানুহক টীকা দিব পাৰিবনে, যাতে মহামাৰীক বিয়পাত বাধা দিব পাৰে? বিধে বিধে প্ৰশ্ন আছিল, কিন্তু আজি এই ১০০ কোটি ভেকচিন ড'জে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দি আছে। ভাৰতে নিজৰ নাগৰিকসকলক ১০০ কোটি ভেকচিন ড'জ লগালে, আৰু সেয়াও বিনামূলীয়া। পইচা নোলোৱাকৈ। বন্ধুসকল, ১০০ কোটি ভেকচিন ড'জৰ এটা প্ৰভাৱ এইটোও হ'ব যে পৃথিৱীয়ে এতিয়া ভাৰতক কৰোণাৰ পৰা অধিক সুৰক্ষিত বুলি মানিব। এটা ফাৰ্মা হাবৰ ৰূপত ভাৰতে বিশ্বত যি স্বীকৃতি লাভ কৰিছে, সি অধিক শক্তি লাভ কৰিব। বন্ধুসকল, ভাৰতৰ ভেকচিনেচন অভিযান 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, আৰু সবকা প্ৰয়াস'ৰ সবাতোকৈ জীৱন্ত উদাহৰণ। কৰোণা মহামাৰীৰ আৰম্ভণিত এই আশংকাও প্ৰকাশ কৰা হৈছিল যে ভাৰতৰ দৰে গণতন্ত্ৰত এই মহামাৰীৰে যুঁজ দিয়াটো বহুত কঠিন হ'ব। ভাৰতৰ বাবে, ভাৰতৰ জনসাধাৰণৰ বাবে গণতন্ত্ৰৰ অৰ্থ হৈছে- 'সবকা সাথ'। সকলোকে লগত লৈ দেশে 'সবকো ভেকচিন' (সকলোকে ভেকচিন), 'মুফ্ট ভেকচিন' (বিনামূলীয়া ভেকচিন)ৰ অভিযান আৰম্ভ কৰে। ধনী-দুখীয়া, গাঁও-চহৰ, দূৰ-সুদূৰত দেশৰ এটাই মন্ত্ৰ সুনিশ্চিত কৰা হ'ল যে ভেকচিনেচন অভিযানত VIP কালচাৰ প্ৰয়োগ নহওক। কোনোবা যিমানেই ডাঙৰ পদত নাথাকক লাগে, যিমানেই ধনী নহওক লাগে, তেওঁ ভেকচিন সাধাৰণ লোকৰ দৰেই পাব। বন্ধুসকল, আমাৰ দেশৰ বাবে এইবুলিও কৈ থকা হৈছিল যে ইয়াত বেছিভাগ মানুহে টীকা লগাবলৈকে নাহে। পৃথিৱীৰ কেইবাখনো বৃহৎ বিকশিত দেশত আজিও ভেকচিন হেজিটেন্সী এটা ডাঙৰ প্ৰত্যাহ্বান হৈ আছে। কিন্তু ভাৰতৰ মানুহে ১০০ কোটি ভেকচিন ড'জ লৈ এনেকুৱা লোকক নিৰুত্তৰ কৰি দিলে। বন্ধুসকল, কোনো অভিযানত যেতিয়া 'সকলোৰে প্ৰয়াস' একত্ৰিত হয়, তেতিয়া পৰিণাম অদ্ভূতেই হয়। আমি মহামাৰীৰ বিৰুদ্ধে দেশৰ যুদ্ধত জনভাগিদাৰীক নিজৰ প্ৰথম শক্তি কৰিলো, ফাৰ্ষ্ট লাইন অফ ডিফেঞ্চ কৰিলো। দেশে নিজৰ ঐক্যবদ্ধতাক শক্তি দিবলৈ তালী, থালী বজালে, বন্তি জ্বলালে। কিছুমান মানুহে কৈছিল যে ইয়াৰ ফলত বেমাৰ পলাই যাবনেকি? কিন্তু আমি সকলোৱে তাত দেশৰ একতা দেখিলো, সামূহিক শক্তিৰ জাগৰণ দেখিলো। এই শক্তিয়েই কোভিড ভেকচিনেচনত আজি দেশক ইমান কম সময়ত ১০০ কোটি পোৱালেগৈ। কিমান বাৰ যে আমাৰ দেশে এদিনতে এক কোটি টীকাকৰণৰ সংখ্যা অতিক্ৰম কৰিলে। এয়া বহুত ডাঙৰ সামৰ্থ্য, প্ৰবন্ধ কৌশল, টেকনলজিৰ উপযুক্ত ব্যৱহাৰ, যি আজি ডাঙৰ ডাঙৰ দেশৰ হাতত নাই। বন্ধুসকল, ভাৰতৰ সম্পূৰ্ণ ভেকচিনেচন প্ৰগ্ৰেম বিজ্ঞানৰ গৰ্ভত জন্মিছে, বৈজ্ঞানিক আধাৰত প্ৰয়োগ হৈছে, আৰু বৈজ্ঞানিক পদ্ধতিৰে চাৰিও দিশত পাইছে। আমি সকলোৰে বাবে গৰ্ব কৰিবলগীয়া কথা যে ভাৰতৰ সম্পূৰ্ণ ভেকচিনেচন প্ৰগ্ৰেম Science Born, Science Driven আৰু Science Based হয়। ভেকচিন প্ৰস্তুত হোৱাৰ পূৰ্বে আৰু ভেকচিন লগালৈকে এই সমগ্ৰ অভিযানত প্ৰত্যেক ঠাইত ছাইঞ্চ আৰু ছাইণ্টিফিক এপ্ৰোচ অন্তৰ্ভুক্ত আছে। আমাৰ সন্মুখত প্ৰত্যাহ্বান মেনুফেকচাৰিঙক লৈও আছিল, প্ৰডাকচনক স্কেলআপ কৰাতো আছিল। ইমান ডাঙৰ দেশ, ইমান বৃহৎ জনসংখ্যা! তাৰ পিছত, বেলেগ বেলেগ ৰাজ্যত, দূৰ-দূৰণিৰ ঠাইত সময়ত ভেকচিন উপলব্ধ কৰোৱা! এয়াও কোনো ভাগীৰথ কাৰ্যতকৈ কম নাছিল। কিন্তু বৈজ্ঞানিক পদ্ধতি আৰু নতুন নতুন ইনোভেচনেৰে দেশে এই প্ৰত্যাহ্বানবিলাকৰ সমাধান বিচাৰিলে। অসাধাৰণ স্পীডেৰে সম্পদৰাজি বঢ়োৱা হ'ল। কোন ৰাজ্যই কিমান ভেকচিন কেৰিয়া পাব লাগে, কোন অঞ্চললৈ কিমান ভেকচিন পঠিয়াব লাগে, ইয়াৰ বাবেও বৈজ্ঞানিক ফৰ্মুলাৰ জৰিয়তে কাম হ'ল। আমাৰ দেশে কোৱিন প্লেটফৰ্মৰ যি ব্যৱস্থা বনালে, সেয়াও বিশ্বত আকৰ্ষণৰ কেন্দ্ৰ। ভাৰতত নিৰ্মিত কোৱিন প্লেটফৰ্মে কেৱল সাধাৰণ মানুহকে সুবিধা দিয়া নাই, বৰং আমাৰ মেডিকেল ষ্টাফৰ কামো সহজ কৰি তোলে। বন্ধুসকল, আজি চাৰিওফালে এটা বিশ্বাস আছে, উৎসাহ আছে, আশা আছে। সমাজৰ পৰা ইকনমীলৈকে, আমি প্ৰত্যেক দিশত চালে optimism, optimism, optimism দেখিবলৈ পাওঁ। এক্সপাৰ্ট আৰু দেশ-বিদেশৰ অনেক এজেঞ্চি ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাক লৈ বহুত সকাৰাত্মক। আজি ভাৰতীয় কোম্পানীবিলাকত কেৱল ৰেকৰ্ড ইনভেষ্টমেণ্টেই আহি থকা নাই, বৰং যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ নতুন সুযোগো হৈ আছে। ষ্টাৰ্টআপবিলাকত ৰেকৰ্ড ইনভেষ্টমেণ্টৰ লগতে ৰেকৰ্ড ষ্টাৰ্টআপ, ইউনিকৰ্ণ হৈ আছে। হাউছিং ছেক্টৰতো নতুন শক্তি দেখা গৈছে। যোৱা মাহবিলাকত কৰা বহুতো ৰিফৰ্মে, বহুতো ইনিছিয়েটিভছে, গতিশক্তিৰ পৰা নতুন ড্ৰোন নীতিলৈকে, ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাক আৰু দ্ৰুততাৰে আগবঢ়াই নিয়াত ডাঙৰ ভূমিকা পালন কৰিব। কৰোণা কালত কৃষি ক্ষেত্ৰই আমাৰ অৰ্থনৈতিক ব্যৱস্থাক শক্তিশালীভাৱে চম্ভালি ৰাখিলে। আজি ৰেকৰ্ড লেভেলত শস্যৰ চৰকাৰী ক্ৰয় হৈ আছে, কৃষকৰ বেংকৰ খাতালৈ পোনপটীয়াকৈ পইচা গৈ আছে। ভেকচিনৰ ক্ৰমবৰ্দ্ধমান কভাৰেজৰ সমান্তৰালকৈ অৰ্থনৈতিক-সামাজিক কামকাজেই হওক, খেল জগত হওক, টুৰিজম হওক, এণ্টাৰটেইনমেণ্ট হওক, সকলো দিশত সকাৰাত্মক কামকাজ দ্ৰুত গতিত হৈ আছে। অনাগত উৎসৱৰ বতৰে ইয়াক অধিক গতি দিব, অধিক শক্তি দিব। বন্ধুসকল, এটা সময় আছিল যেতিয়া Made in এইখন country, made in সৌখন countryৰ বহুত ক্ৰেজ হৈছিল। আৰু সেয়ে আজি মই আপোনালোকক আকৌ এই কথা ক'ম যে আমি প্ৰত্যেক সৰুতকৈও সৰু বস্তু, যি Made in India হয়, যাক বনাওঁতে কোনো ভাৰতবাসীৰ ঘাম ওলাইছে, তাক ক্ৰয় কৰাত জোৰ দিব লাগে। আৰু এইটো সকলোৰে প্ৰয়াসত হে সম্ভৱ হ'ব। যেনেকৈ স্বচ্ছ ভাৰত অভিযান, এটা জন আন্দোলন, তেনেকৈয়ে ভাৰতত প্ৰস্তুত সামগ্ৰী ক্ৰয় কৰা, ভাৰতীয়ৰ দ্বাৰা নিৰ্মিত সামগ্ৰী ক্ৰয় কৰা, Vocal for Local হোৱা, এই কথা আমি ব্যৱহাৰলৈ আনিবই লাগিব। আৰু মোৰ বিশ্বাস আছে যে সকলোৰে প্ৰয়াসত আমি ইয়াকো কৰিমেই। ১০০ কোটি ভেকচিন ড'জৰ কাৰণে এটা বিশ্বাসৰ ভাব আছে। যদি মোৰ দেশৰ ভেকচিনে মোক সুৰক্ষা দিব পাৰে, তেন্তে মোৰ দেশৰ উৎপাদন, মোৰ দেশত নিৰ্মিত সামগ্ৰীয়ে, মোৰ দীপাৱলি আৰু ভব্য কৰি তুলিব পাৰে। দীপাৱলিৰ সময়ত বিক্ৰী এফালে আৰু বাকী বছৰৰ বিক্ৰী এফালে হয়। আমাৰ ইয়াত দীপাৱলিৰ সময়ত, উৎসৱৰ সময়ত বিক্ৰী একদম বাঢ়ি যায়। ১০০ কোটি ভেকচিন ড'জ, আমাৰ সৰু সৰু দোকানী, আমাৰ সৰু সৰু উদ্যমী, আমাৰ দালদৰিদ্ৰ ভাই-ভনীসকল, সকলোৰে বাবে আশাৰ কিৰণ হৈ আহিছে। বন্ধুসকল, আজি আমাৰ সন্মুখত অমৃত মহোৎসৱৰ সংকল্প আছে, এনে অৱস্থাত আমাৰ এই সফলতাই আমাক নতুন আত্মবিশ্বাস দিয়ে। আমি আজি ক'ব পাৰো যে দেশে ডাঙৰ লক্ষ্য নিৰ্ধাৰণ কৰিব আৰু তাক আহৰণ কৰিব ভালদৰে জানে। কিন্তু ইয়াৰ বাবে আমি সততে সাৱধান হৈ থকা দৰকাৰ। আমি অসতৰ্ক হ'ব নালাগে। কৱচ যিমানেই উত্তম নহওক লাগে, কৱচ যিমানেই আধুনিক নহওক লাগে, কৱচৰ জৰিয়তে সুৰক্ষাৰ সম্পূৰ্ণ গেৰাণ্টী যিমানেই নাথাকক, তেতিয়াও যিমান দিনলৈ যুদ্ধ চলে, সিমান দিনলৈ অস্ত্ৰ পেলাই দিয়া নহয়। মোৰ আৱেদন এয়ে যে আমি আমাৰ উৎসৱ অত্যন্ত সতৰ্কতাৰে পালন কৰিব লাগিব। আৰু যিমানলৈকে মাস্কৰ প্ৰশ্ন আছে, কেতিয়াবা অলপ হৈছিল কিন্তু এতিয়া তো ডিজাইনৰ জগতখনেও মাস্কত প্ৰৱেশ কৰি পেলাইছে। মোৰ ইমানেই ক'বলগীয়া আছে যে যেনেকৈ আমাৰ জোতা পিন্ধি হে বাহিৰলৈ যোৱা অভ্যাস হৈ পৰিছে, ঠিক তেনেকৈ মাস্ককো এটা সহজ স্বভাৱ বনাবই লাগিব। যি এতিয়ালৈকে ভেকচিন লোৱা নাই, তেওঁ ইয়াক সৰ্বোচ্চ প্ৰাথমিকতা দিয়ক। যাক ভেকচিন লগোৱা হৈছে, তেওঁলোকে আনক অনুপ্ৰাণিত কৰক। মোৰ সম্পূৰ্ণ ভৰষা আছে যে আমি সকলোৱে মিলি যদি প্ৰয়াস কৰো, তেন্তে কৰোণাক আৰু সোনকালে হৰুৱাব পাৰিম। আপোনালোক সকলোকে অনাগত উৎসৱৰ আকৌ এবাৰ বহুত বহুত শুভকামনা। বহুত বহুত ধন্যবাদ!
দেশবাসীক উদ্দেশ্যি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0%E0%A7%87-%E0%A6%AB%E0%A7%8B%E0%A6%A8%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A7%87/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0%E0%A7%87-%E0%A6%AB%E0%A7%8B%E0%A6%A8%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A7%87/
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈত্ৰীপালা ছিৰিসেনাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দেশখনৰ এগৰাকী ৰাষ্ট্ৰপতি আৰু প্ৰাক্তন প্ৰতিৰক্ষা সচিবক হত্যাৰ সৈতে ভাৰত জড়িত বুলি সংবাদমাধ্যমত প্ৰকাশিত বাতৰিক পোনচাতেই প্ৰত্যাখান কৰে। তেওঁ উল্লেখ কৰে যে এই হানিকাৰক আৰু বিশ্বাসঘাটক বাতৰিবোৰ সমূলি ভিত্তিহীন আৰু মিচা আৰু এইবোৰে দুয়োগৰাকী নেতাৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰাৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ দুখনৰ মাজৰ সৌহাদ্যপূৰ্ণ সম্পৰ্ক বিঘ্নিত কৰিব। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে বিষয়টোক লৈ ব্যক্তিগতভাৱে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা আৰু শ্ৰীলংকাৰ চৰকাৰে ৰাজহুৱাভাৱে বাতৰিটো প্ৰত্যাখান কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ প্ৰশংসা কৰে। ৰাষ্ট্ৰপতি ছিৰিসেনা প্ৰসংগক্ৰমে আজি পুৱা শ্ৰীলংকাত থকা ভাৰতৰ উচ্চায়ুক্তৰ সৈতেও বৈঠকত মিলিত হোৱাৰ কথা দোঁহাৰে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্ৰীলংকাৰ এগৰাকী প্ৰকৃত বন্ধুৰ লগতে ব্যক্তিগতভাৱে এগৰাকী ঘনিষ্ঠ বন্ধু বুলি জ্ঞান কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে তেওঁ ভাৰত আৰু শ্ৰীলংকাৰ পাৰস্পৰিক লাভালাভজনিত সম্পৰ্কত অত্যন্ত গুৰুত্ব প্ৰদান কৰাৰ লগতে সেইবোৰ অধিক সুদৃঢ় কৰিবলৈ প্ৰধানমন্ত্ৰীৰ সৈতে কাম কৰি যাব। ভুৱা বাতৰিৰ প্ৰতি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি আৰু চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ শলাগ লৈ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ‘প্ৰতিবেশী প্ৰথম’ নীতিৰ কথা দোঁহৰাৰ লগতে ব্যক্তিগতভাৱে দুয়োখন দেশত সহযোগিতাৰে সামগ্ৰিক দিশৰ উন্নয়নত গুৰুত্ব আৰোপ কৰা কথা সদৰি কৰে।
প্ৰধানমন্ত্ৰীৰে ফোনযোগে বাৰ্তালাপ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈত্ৰীপালা ছিৰিসেনাৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%A8-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%8B%E0%A6%B9%E0%A7%B0-%E0%A7%A7/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%A8-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%8B%E0%A6%B9%E0%A7%B0-%E0%A7%A7/
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় বিজ্ঞান সমাৰোহৰ ১০৬সংখ্যক অধিৱেশনত উদ্বোধনী ভাষণ আগবঢ়ায়। এইবাৰৰ বিজ্ঞান সমাৰোহৰ মূল বিষয়বস্তু আছিল ‘ভৱিষ্যতৰ ভাৰতঃ বিজ্ঞান আৰু প্ৰযুক্তি’৷ এই বিষয়ৰ সন্দৰ্ভত প্ৰধানমন্ত্রীয়ে কয় যে দেশবাসীৰ সৈতে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ সংযোগ স্থাপন কৰাটোৱেই হ’ব ভাৰতৰ প্ৰকৃত শক্তি। প্ৰাক্তন বিশিষ্ট ভাৰতীয় বিজ্ঞানী আচার্য জগদীশ চন্দ্ৰ বসূ, চি ভি ৰমণ, মেঘনাদ সাহা, সত্যেন্দ্ৰনাথ বসুৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্রীয়ে কয় যে এই মহান বিজ্ঞানীসকলে সীমিত সম্পদ সত্ত্বেও কঠোৰ আৰু আন্তৰিক পৰিশ্ৰমৰ জৰিয়তে সাধাৰণ লোকৰ সেৱা কৰিছিল। প্ৰধানমন্ত্রীয়ে লগতে কয় যে শ–শ ভাৰতীয় বিজ্ঞানীৰ জীৱন আৰু কর্মই প্ৰযুক্তিগত উন্নয়ন তথা ৰাষ্ট্ৰ নিৰ্মাণ সৈতে জড়িত গভীৰ মৌলিক দৃষ্টিভংগীৰ এক অভিন্ন ইচ্ছাশক্তিৰ পৰিচয় বহন কৰে। আধুনিক বিজ্ঞান গৱেষণা কেন্দ্ৰসমূহৰ জৰিয়তে ভাৰতে ইয়াৰ বর্তমানক পৰিৱর্তনৰ লগতে নিজৰ ভৱিষ্যৎ নিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদীয়ে দুগৰাকী প্রাক্তন প্ৰধানমন্ত্রী শ্রী লালবাহাদুৰ শাস্ত্রী আৰু শ্রী অটল বিহাৰী বাজপেয়ীৰ কথা স্মৰণ কৰে। তেওঁ কয় যে শাস্ত্রীজিৰ শ্ল’গান আছিল ‘জয় জোৱান, জয় কিষাণ’৷ অটলজিয়ে কৈছিল, ‘জয় বিজ্ঞান’৷ এতিয়া সময় আহিছে, ‘জয় অনুসন্ধান’ বুলি আৰু এখোজ আগুৱাই যোৱাৰ। প্ৰধানমন্ত্ৰীয়ে কয় যে বিজ্ঞানৰ প্ৰকৃত উদ্দেশ্য জ্ঞান সমৃদ্ধ প্ৰজন্ম গঢ়ি তোলা আৰু আর্থ–সামাজিক স্বার্থত জ্ঞান ব্যৱহাৰৰ জৰিয়তেহে পূৰণ হ’ব৷ বিজ্ঞান সাধনাৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি তোলাৰ সমান্তৰালভাৱে আমাৰ উদ্ভাৱন আৰু ষ্টার্ট আপৰ ওপৰত জোৰ দিব লাগিব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে বিজ্ঞানীসকলৰ মাজত উদ্ভাৱনমূলক কাম–কাজৰ প্ৰসাৰ ঘটোৱাৰ লক্ষ্যৰে অটল উদ্ভাৱন অভিযান আৰম্ভ কৰা হৈছে। বিগত চাৰি দশকৰ তুলনাত যোৱা চাৰি বছৰত একাধিক প্ৰযুক্তিভিত্তিক বিজিনেছ ইনকিউবেটৰ স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে সুলভ স্বাস্থ্য সেৱা, আৱাস, প্ৰদূষণমুক্ত বায়ু, জল আৰু শক্তিকে ধৰি কৃষি উৎপাদনশীলতা আৰু খাদ্য প্ৰস্তুতকৰণৰ সৈতে জড়িত সমস্যাসমূহৰ সমাধানত বিজ্ঞানীসকলে আৰু অধিক মনোনিৱেশ কৰিব লাগিব। বিজ্ঞান সার্বজনীন হ’লেও স্থানীয় চাহিদা আৰু পাৰিপার্শ্বিক অৱস্থাৰ সৈতে জড়িত সমস্যাসমূহৰ সমাধানত প্ৰযুক্তিক উপযুক্তভাবে ব্যৱহাৰ কৰিব লাগিব৷ প্ৰধানমন্ত্রীয়ে কয় যে ‘বিগ ডাটা এনালাইছিছ’, কৃত্রিম বুদ্ধিমত্তা, ব্লক চেইন সংক্রান্তীয় প্ৰযুক্তিসমূহক কৃষি ক্ষেত্রত, বিশেষকৈ ক্ষুদ্ৰ খেতিয়কৰ কাম লাগিব লাগিব। সাধাৰণ জনতাৰ জীৱনযাপনৰ মান উন্নয়নৰ অৰ্থে কাম কৰাৰ বাবে বিজ্ঞানীসকলক আহ্বান জনাই প্ৰধানমন্ত্রীয়ে এই প্ৰসংগত কম বৰষুণ হোৱা এলেকাত খৰাং পৰিৱেশৰে মোকাবিলা কৰা, দুৰ্যোগৰ আগজাননী দিয়া, অপুষ্টি নিয়ন্ত্ৰণ কৰা, শিশুসকলৰ মাজত ৰোগ যেনে– এনকেফেলাইটিছ নিয়ন্ত্ৰণ, প্ৰদূষণমুক্ত শক্তি, স্বচ্ছ পানীয় জল আৰু চাইবাৰ নিৰাপত্তাৰ দৰে গুৰুত্বপূর্ণ ক্ষেত্ৰসমূহৰ কথা উল্লেখ কৰে। ২০১৮ চনত ভাৰতীয় বিজ্ঞানৰ ক্ষেত্রত কেইবাটাও গুৰুত্বপূর্ণ সাফল্যৰ কথাও প্ৰধানমন্ত্রীয়ে উল্লেখ কৰে। ইয়াৰে ভিতৰৰ– বিমানৰ বাবে জৈৱ ইন্ধন উৎপাদন; ক্ষীণ দৃষ্টিসম্পন্ন ব্যক্তিৰ বাবে ‘দিব্য নয়ন’; কৰ্কট, যক্ষ্মা আৰু ডেংগু ৰোগৰ চিকিৎসা আৰু পৰীক্ষা–নিৰীক্ষাৰ বাবে কম মূল্যৰ বিভিন্ন উপকৰণ উদ্ভাৱন; ছিকিম – দার্জিলিং অঞ্চলত ভূমিস্খলনৰ আগতীয়া সতর্কতামূলক ব্যবস্থা প্ৰভৃতি ইত্যাদি উল্লেখযোগ্য৷ তেওঁ কয় যে উদ্যোগজাত সামগ্ৰীৰৰ জৰিয়তে গৱেষণা আৰু উন্নয়নৰ সাফল্যক একত্রিত কৰিবলৈ বাণিজ্যিকীকৰণৰ শক্তিশালী হোৱাটো প্ৰয়োজন। প্ৰধানমন্ত্রীয়ে সমাজ বিজ্ঞান, বিজ্ঞান আৰু প্ৰযুক্তি তথা উদ্যোগ আৰু মানৱতাবাদক একেলগে লৈ এক অনন্য গবেষণামূলক প্ৰয়াস গ্ৰহণৰ আহ্বান জনায়। গৱেষণা আৰু উন্নয়নৰ ক্ষেত্রত আমাৰ শক্তি ৰাষ্ট্ৰীয় স্তৰেত গুৰুত্বপূর্ণ গৱেষণাগাৰ, কেন্দ্রীয় বিশ্ববিদ্যালয়, আইআইটি, আইআইএছচি, টিআইএফআৰ আৰু আইআইএছইআইৰ দৰে প্ৰতিষ্ঠানসমূহৰ ওপৰত ভিত্তি কৰিয়েই গঢ় লৈ উঠে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ অধীনস্থ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহতো গবেষণাৰ উপযুক্ত বাতাবৰণ গঢ়ি তুলিব লাগিব। কেন্দ্রীয় চৰকাৰে ইণ্টাৰ ডিচিপ্লিনেৰী চাইবাৰ ফিজিকেল ছিষ্টেম সংক্রান্তীয় এক ৰাষ্ট্ৰীয় অভিযানত অনুমোদন জনাইছে। এই কর্মসূচী ৰূপায়ণৰ বাবে ৩,৬০০ কোটি টকা বিনিয়োগ কৰা হ’ব বুলি তেওঁ সদৰি কৰে। কর্মসূচীত গৱেষণা আৰু উন্নয়ন, প্ৰযুক্তিগত উন্নয়ন, মানৱসম্পদ আৰু দক্ষতা, উদ্ভাৱন, ষ্টার্ট আপ ইক’ছিষ্টেমকে ধৰি উদ্যোগ সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত সহযোগিতা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব৷ মহাকাশৰ অগ্ৰগতিৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কার্টোছেট–২ আৰু অন্যান্য উপগ্ৰহেৰ উৎক্ষেপণত সফলতাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে গগণায়ন কর্মসূচীৰ জৰিয়তে ২০২২ চনত তিনিজন ভাৰতীয়ক মহাকাশলৈ পঠাোৱা প্ৰস্তুতি আৰম্ভ হৈছে। ৰক্তজনিত ৰোগৰ ফলপ্ৰসূ সমাধানৰ অৰ্থে গৱেষণাৰ কাম আৰম্ভ হৈছে বুলি অৱগত কৰে প্ৰধানমন্ত্রীয়ে৷ প্ৰধানমন্ত্রীয়ে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন বিষয়ক পৰিষদে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্রত উপযুক্ত নীতি প্ৰণয়নত সহায় কৰিব বুলি সদৰি কৰে। প্ৰধানমন্ত্রীৰ গৱেষণা ফেল’শ্বিপ প্ৰকল্পৰ অধীনত দেশৰ এনে প্ৰতিষ্ঠানৰ এক হাজাৰ প্ৰতিভাবান শিক্ষাৰ্থীক আইআইটি আৰু আইআইএছচি প্ৰতিষ্ঠানত পিএইচডি ডিগ্রী অর্জনৰ বাবে নাম ভর্তিৰ সুযোগ দিয়া হ’ব বুলিও প্ৰধানমন্ত্রীয়ে উল্লেখ কৰে৷ এই প্ৰকল্পই গৱেষণা ক্ষেত্রৰ উৎকর্ষ সাধনৰ লগতে দেশৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠানসমূহ শিক্ষক–শিক্ষয়িত্ৰীৰ অভাৱ দূৰ কৰাত সহায় কৰিব৷
ভাৰতীয় বিজ্ঞান সমাৰোহৰ ১০৬সংখ্যক অধিৱেশনত প্ৰধানমন্ত্রীৰ উদ্বোধনী ভাষণ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%97%E0%A7%B0%E0%A7%B0-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A6%AE%E0%A6%BE-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%97%E0%A7%B0%E0%A7%B0-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A6%AE%E0%A6%BE-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%BF/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত ছুজুকীৰ ৪০সংখ্যক বৰ্ষপূৰ্তি স্মৰণ কৰি আজি গান্ধীনগৰ মহাত্মা মন্দিৰত অনুষ্ঠিত হোৱা এক কাৰ্যসূচীত ভাষণ প্ৰদান কৰে। এই উপলক্ষে অনুষ্ঠানত ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত শ্ৰী সাতোশী ছুজুকি, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, সাসংদ শ্ৰী চি আৰ পাটিল, ৰাজ্যিক মন্ত্ৰী শ্ৰী জগদীশ পাঞ্চাল, ছুজুকী ছুজুকী মটৰ নিগমৰ প্ৰাক্তন সভাপতি শ্ৰী অ’ ছুজুকী, ছুজুকী মটৰ কৰ্প’ৰেচনৰ সভাপতি শ্ৰীযুত টি ছুজুকী আৰু মাৰুতি-ছুজুকীৰ অধ্যক্ষ শ্ৰী আৰ চি ভাৰ্গৱ উপস্থিত থাকে৷ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লালে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দিয়ে আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশিদাইও ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে৷ জাপানৰ প্ৰধানমন্ত্ৰী কিশিদাই এই উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি কয় যে ৪ দশকৰ ভিতৰত মাৰুতি ছুজুকীৰ বৃদ্ধিয়ে ভাৰত আৰু জাপানৰ মাজত শক্তিশালী অৰ্থনৈতিক সম্পৰ্কক সামৰি লৈছে। ভাৰতীয় বজাৰৰ সম্ভাৱনাক স্বীকৃতি দিয়াৰ বাবে তেওঁ ছুজুকীৰ পৰিচালনাক প্ৰশংসা কৰে। তেওঁ কয়, ‘মই বিবেচনা কৰো যে এই সফলতাৰ মুলতে ভাৰতৰ জনসাধাৰণ আৰু চৰকাৰৰ বুজাবুজি আৰু সমৰ্থন৷ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ শক্তিশালী নেতৃত্বৰ দ্বাৰা পৰিচালিত উৎপাদন খণ্ডৰ বাবে বিভিন্ন সহায়ক ব্যৱস্থাৰ বাবে ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু অধিক ত্বৰান্বিত হৈছে”, তেওঁ কয়। তেওঁ উল্লেখ কৰে যে জাপানৰ আন বহু কোম্পানীয়ে ভাৰতত বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। ভাৰত আৰু জাপানৰ সম্পৰ্কৰ ৭০বছৰ সম্পূৰ্ণ হোৱাৰ বাবে তেওঁ এই বছৰৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। তেওঁ লগতে কয়, “প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মিলি মই ‘জাপান-ভাৰত কৌশলগত আৰু বিশ্ব অংশীদাৰিত্ব”ক অধিক বিকশিত কৰাৰ বাবে আৰু “মুক্ত আৰু মুকলি ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল” বাস্তৱায়িত কৰাৰ প্ৰচেষ্টা হাতত ল’বলৈ সংকল্পবদ্ধ। সমাৱেশত ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে ছুজুকি কৰ্প’ৰেচনৰ সৈতে জড়িত সকলোকে অভিনন্দন জনায়। “ভাৰতৰ পৰিয়ালৰ সৈতে ছুজুকীৰ সংযোগ এতিয়া ৪০ বছৰ শক্তিশালী হৈ পৰিছে”, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কয়,“মাৰুতি-ছুজুকীৰ সফলতাই ভাৰত-জাপানৰ শক্তিশালী অংশীদাৰিত্বকো সূচায়। বিগত আঠ বছৰত আমাৰ দুয়োখন দেশৰ এই সম্পৰ্কই নতুন উচ্চতাত উপনীত হৈছে। আজি গুজৰাট-মহাৰাষ্ট্ৰৰ বুলেট ট্ৰেইনৰ পৰা উত্তৰ প্ৰদেশৰ বাৰাণসীৰ ৰুদ্ৰাক্ষ কেন্দ্ৰলৈকে বহুতো উন্নয়নমূলক প্ৰকল্প ভাৰত-জাপান বন্ধুত্বৰ উদাহৰণ।” প্ৰধানমন্ত্ৰীয়ে লগতে কয় “এই বন্ধুত্বৰ কথা যেতিয়া আহে, তেতিয়া প্ৰতিজন ভাৰতীয়ই নিশ্চিতভাৱে আমাৰ বন্ধু প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত শ্বিনজো আবেক স্মৰণ কৰে৷” আবে ছানে গুজৰাটলৈ আহি কটোৱা সময়ৰ স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাটৰ জনসাধাৰণে ইয়াক আন্তৰিকতাৰে স্মৰণ কৰে। “বৰ্তমান প্ৰধানমন্ত্ৰী কিশিদাই আমাৰ দেশসমূহক ওচৰ চপাই অনাৰ বাবে কৰা প্ৰচেষ্টাসমূহ আগুৱাই লৈ গৈছে”, তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে ১৩ বছৰ পূৰ্বে গুজৰাটত ছুজুকীৰ আগমনৰ কথা স্মৰণ কৰি গুজৰাটৰ নিজকে শাসনৰ এক ভাল আৰ্হি হিচাপে উপস্থাপন কৰাৰ আত্মবিশ্বাসৰ কথা দোঁহাৰে। “মই সুখী যে গুজৰাটে ছুজুকিৰ সৈতে নিজৰ প্ৰতিশ্ৰুতি পালন কৰিলে আৰু ছুজুকিয়েও একে মৰ্যাদাৰে গুজৰাটৰ ইচ্ছা পূৰণ কৰিলে। গুজৰাট বিশ্বৰ শীৰ্ষস্থানীয় অ’টোমোটিভ উৎপাদন কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে”, তেওঁ কয়। গুজৰাট আৰু জাপানৰ মাজত যি সম্পৰ্ক আছে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই কূটনৈতিক মাত্ৰাতকৈও উচ্চ হৈ আহিছে। “মোৰ মনত আছে যেতিয়া ২০০৯ চনত ভাইব্ৰেণ্ট গুজৰাট সন্মিলন আৰম্ভ কৰা হৈছিল, তেতিয়াৰ পৰাই জাপান ইয়াৰ সৈতে অংশীদাৰ দেশ হিচাপে জড়িত আছিল”, প্ৰধানমন্ত্ৰীয়ে কয়। গুজৰাটত এখন মিনি জাপান গঢ় দি ইয়াত জাপানী বিনিয়োগকাৰীৰ ঘৰ কৰি তোলাৰ সংকল্পৰ কথা স্মৰণ কৰে। ইয়াক বাস্তৱায়িত কৰিবলৈ বহুতো সৰু সৰু ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। জাপানী খাদ্যৰ সৈতে বহুতো বিশ্বমানৰ গলফ খেলপথাৰ আৰু ৰেষ্টুৰেণ্ট স্থাপন আৰু জাপানী ভাষাৰ প্ৰচাৰ এনে কেতবোৰ উদাহৰণ। “আমাৰ প্ৰচেষ্টাই সদায় জাপানৰ প্ৰতি গুৰুত্ব আৰু সন্মান কঢ়িয়াই লৈ ফুৰে, সেইবাবেই গুজৰাটত ছুজুকীৰ লগতে প্ৰায় ১২৫টা জাপানী কোম্পানী কাৰ্যক্ষম হৈ আছে”, তেওঁ লগতে কয়। আহমেদাবাদত জেট্ৰ’ ৰান ছাপ’ৰ্ট চেণ্টাৰে বহু কোম্পানীক প্লাগ-এণ্ড-প্লেৰ সুবিধা প্ৰদান কৰিছে। জাপান ইণ্ডিয়া ইনষ্টিটিউট ফৰ মেনুফেকচাৰিঙে বহু লোকক প্ৰশিক্ষণ দি আছে। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ উন্নয়ন যাত্ৰাত ‘কাইজেন’ৰ অৱদানৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে কাইজেনৰ দিশসমূহ তেওঁ পিএমঅ’ আৰু অন্যান্য বিভাগতো প্ৰয়োগ কৰিছে৷ বৈদ্যুতিক বাহনৰ এটা ডাঙৰ বৈশিষ্ট্য উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সেইবোৰ নীৰৱ৷ ২ চকীয়াই হওক বা ৪ চকীয়া বাহনেই হওক, ইহঁতে কোনো ধৰণৰ শব্দ নকৰে। “এই নীৰৱতা কেৱল ইয়াৰ অভিযান্ত্ৰিকতাক লৈ নহয়, এয়া দেশত এক নিৰৱ বিপ্লৱৰো আৰম্ভণি”, তেওঁ কয়। বৈদ্যুতিক বাহনৰ পৰিস্থিতিতন্ত্ৰ শক্তিশালী কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে কয় যে বৈদ্যুতিক বাহনৰ ক্ৰেতাসকলক বিভিন্ন উদ্গনি প্ৰদান কৰা হৈছে। আয়কৰত ৰেহাই দিয়া আৰু ঋণ প্ৰক্ৰিয়া সৰল কৰা আদি অসংখ্য পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে। “যোগান বৃদ্ধিৰ বাবে অ’টোমোবাইল আৰু অ’টোমোবাইল কম্পোনেণ্ট নিৰ্মাণত পিএলআই আঁচনি প্ৰৱৰ্তনৰ বাবেও দ্ৰুত গতিত কাম কৰা হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়। এক শক্তিশালী বৈদ্যুতিক বাহনৰ চাৰ্জিং আন্তঃগাঁথনি প্ৰস্তুত কৰাৰ বাবেও বহু নীতিগত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। “২০২২ চনৰ বিত্তীয় বাজেটতো বেটাৰী শ্বেপিং নীতি প্ৰৱৰ্তন কৰা হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়। “এয়া নিশ্চিত যে যোগান, চাহিদা আৰু পৰিস্থিতিতন্ত্ৰ শক্তিশালী হোৱাৰ লগে লগে বৈদ্যুতিক বাহন খণ্ডটোৱে অগ্ৰগতি লাভ কৰিবলৈ গৈ আছে”, তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰতে কপ-২৬ত ২০৩০ চনৰ ভিতৰত অজীৱাশ্ম উৎসৰ পৰা স্থাপন কৰা বৈদ্যুতিক ক্ষমতাৰ ৫০% লাভ কৰিব বুলি ঘোষণা কৰিছে। “আমি ২০৭০ চনৰ বাবে এটা ‘নেট জিৰ’’ লক্ষ্য নিৰ্ধাৰণ কৰিছো”, প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে সুখ প্ৰকাশ কৰে যে মাৰুতি ছুজুকিয়ে জৈৱ ইন্ধন, ইথানল মিশ্ৰণ, হাইব্ৰিড বৈদ্যুতিক বাহন আদি কামতো কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে ছুজুকিক কম্প্ৰেছড জৈৱ মিথেন গেছৰ সৈতে জড়িত প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈও পৰামৰ্শ দিয়ে। লগতে প্ৰধানমন্ত্ৰীয়ে সুস্থ প্ৰতিযোগিতা আৰু পাৰস্পৰিক শিক্ষণৰ বাবে এক উন্নত পৰিৱেশ গঢ়ি তোলাৰ কামনা কৰে। “ই জাতি আৰু ব্যৱসায় দুয়োটাকে উপকৃত কৰিব”, তেওঁ কয়। ‘অমৃত কালৰ আগন্তুক ২৫ বছৰত ভাৰতৰ শক্তিৰ প্ৰয়োজনীয়তাৰ বাবে আত্মনিৰ্ভৰ হোৱাটো আমাৰ লক্ষ্য। যিহেতু শক্তিৰ ব্যৱহাৰৰ এটা প্ৰধান অংশ পৰিবহণ খণ্ড, সেয়েহে এই খণ্ডত উদ্ভাৱন আৰু প্ৰচেষ্টা আমাৰ অগ্ৰাধিকাৰ দিব লাগে। মই নিশ্চিত যে আমি এইখিনি লাভ কৰিবলৈ সক্ষম হ’ম”, বুলি কৈ তেওঁ ভাষণ সামৰে। পটভূমি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাৰতত ছুজুকি গোটৰ দুটা মূল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে, সেয়া হৈছে—গুজৰাটৰ হান্সলপুৰত থকা ছুজুকি মটৰ গুজৰাট বৈদ্যুতিক বাহনৰ বেটাৰী নিৰ্মাণৰ সুবিধা আৰু হাৰিয়ানাৰ খাৰখোদাত মাৰুতি ছুজুকীৰ পৰৱৰ্তী বাহন নিৰ্মাণৰ সুবিধা। গুজৰাটৰ হান্সলপুৰত বৈদ্যুতিক বাহনৰ উন্নত কেমিষ্ট্ৰী চেল বেটাৰী নিৰ্মাণৰ বাবে ৭,৩০০ কোটি টকা বিনিয়োগ কৰি ছুজুকি মটৰ গুজৰাট বৈদ্যুতিক বাহন বেটাৰী নিৰ্মাণ প্ৰকল্প স্থাপন কৰা হ’ব। হাৰিয়ানাৰ খাৰখোদাত থকা এই বাহন নিৰ্মাণৰ প্ৰতিষ্ঠানটোৱে বছৰি ১০ লাখ যাত্ৰীবাহী বাহন নিৰ্মাণৰ সক্ষমতা থাকিব, যাৰ ফলত ই বিশ্বৰ একক স্থানত সৰ্ববৃহৎ যাত্ৰীবাহী বাহন নিৰ্মাণৰ প্ৰকল্পসমূহৰ ভিতৰত অন্যতম হ’ব। ১১,০০০ কোটি টকাৰো অধিক বিনিয়োগ কৰি প্ৰথম পৰ্যায়ৰ প্ৰকল্পটো স্থাপন কৰা হ’ব।
গান্ধীনগৰৰ মহাত্মা মন্দিৰত ভাৰতত ছুজুকীৰ ৪০সংখ্যক বৰ্ষপূৰ্তিৰ স্মাৰক অনুষ্ঠানত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%95%E0%A6%B9%E0%A6%AE%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%B8%E0%A6%AE%E0%A7%81%E0%A6%A6%E0%A6%BE%E0%A7%9F%E0%A6%95-%E0%A6%B8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%95%E0%A6%B9%E0%A6%AE%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%B8%E0%A6%AE%E0%A7%81%E0%A6%A6%E0%A6%BE%E0%A7%9F%E0%A6%95-%E0%A6%B8/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ষ্টকহমত বসবাস কৰা ভাৰতীয় সমুদায়কক উদ্দেশ্যি ভাষণ আগবঢ়ায়। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে ছুইডেন চৰকাৰক, বিশেষকৈ ছুইডেনৰ সন্মানীয় ৰজাৰ লগতে প্রধানমন্ত্রী শ্ৰীযুত ষ্টিফেল লোফভেনক তেওঁক জনোৱা আদৰ-সম্ভাষণৰ বাবে অশেষ ধন্যবাদ জনায়। উল্লেখ্য যে অনুষ্ঠানত প্রধানমন্ত্রী শ্ৰীযুত ষ্টিফেন লোফভেনো উপস্থিত থাকে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এক বৃহৎ পৰিৱৰ্তনশীল প্রচেষ্টাৰ মাজেৰে ভাৰত বর্তমান আগুৱাই গৈছে। ‘সব কা সাথ, সব কা বিকাশ’ এই মন্ত্রক সাৰোগত কৰি বর্তমানৰ শাসনাধিষ্ঠ চৰকাৰ ক্ষমতালৈ আহিছে। ভাৰত চৰকাৰে বিগত চাৰি বছৰত এক উন্নত তথা অন্তর্ভুক্তিমূলক ভাৰত গঢ়াৰ লক্ষ্যৰে কাম কৰি আহিছে। প্রধানমন্ত্রীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ দৰে এক বিশেষ প্ৰচেষ্টাৰ জৰিয়তে ভাৰতে যাতে বৈশ্বিক দৃষ্টিভংগীৰ ক্ষেত্রত নেতৃত্ব দিব পাৰে, সেয়া নিশ্চিত কৰিবলৈ সর্বতোপ্ৰকাৰে যত্ন কৰা হৈছে। তাৰ পৰিপ্ৰেক্ষিততে বিশ্বৰ বিভিন্ন দেশে এতিয়া ভাৰতৰ প্ৰতি যথেষ্ট আত্মবিশ্বাসেৰে চাব লৈছে। এই প্রসংগত তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত ভাৰতৰ মানৱতাবাদী কাম, যেনে সাহায্য আৰু উদ্ধাৰকাৰ্যৰ ক্ষেত্ৰত লোৱা প্ৰচেষ্টা, আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী গঠন আৰু এমটিচিআৰ, ৱাছেনাৰ ব্যৱস্থাপনা আৰু অষ্ট্ৰেলিয়া গোষ্ঠীত সদস্যপদ গ্ৰহণৰ দৰে দিশৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় য়ে প্রযুক্তি ক্ষেত্রত, বিশেষকৈ মহাকাশ কার্যসূচীৰ ক্ষেত্রত ভাৰতৰ কাৰিকৰী দক্ষতাই আন্তঃৰাষ্ট্ৰীয় পর্যায়ৰ স্বীকৃতি লাভ কৰিছে। প্রধানমন্ত্রীয়ে কয় যে ডিজিটেল আন্তঃগাঁথনিৰ প্রসাৰৰ ফলস্বৰূপে চৰকাৰ আৰু নাগৰিকৰ মাজৰ সম্পৰ্ক অধিক গাঢ় হৈছে। আনফালে, প্রযুক্তিৰ প্রয়োগৰ জৰিয়তে স্বচ্ছতা আৰু দায়বদ্ধতা বৃদ্ধি পাইছে। সেয়েহে চৰকাৰৰ ওচৰত সহজেই পোৱাৰ বিষয়টোৱে এতিয়া কেৱল সুযোগেই নহয়, বৰঞ্চ সেয়া এক সহজ কাম হৈ পৰিছে। এই প্রসংগত অপ্রয়োজনীয় ফাইল বাতিলকৰণ, বাণিজ্যিক কাম-কাজক সহজ কৰি তোলা, জিএছটি কাৰ্যকৰীকৰণ, প্রত্যক্ষ লাভ হস্তান্তৰ আৰু ‘উজ্জ্বালা’ যোজনাৰ জৰিয়তে ৰন্ধন গেছৰ সুযোগ সম্প্রসাৰণৰ দৰে আঁচনিসমূহৰ কথাও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ‘মুদ্রা’ যোজনাৰ জৰিয়তে উদ্যোগীসকলৰ বাবে নতুন নতুন সুযোগ-সুবিধাৰ সম্প্রসাৰণ ঘটিছে। এই আঁচনিৰ অধীনত সুফল ভোগ কৰা লোকৰ ৭৪ শতাংশই মহিলা। তেওঁ লগতে ‘অটল উদ্ভাৱনী অভিযান’, ‘দক্ষ ভাৰত’ আৰু ‘ষ্টার্ট আপ’ আঁচনি কথাও উল্লেখ কৰে। প্রধানমন্ত্রীয়ে উদ্ভাৱনী প্রচেষ্টাৰ প্রসাৰত ভাৰত যে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব গঢ়ি তোলাৰ দিশত জোৰ দিছে সেই কথাও উল্লেখ কৰে। তেওঁ কয় যে ইতিমধ্যে ছুইডেন আৰু ইজৰাইলৰ সৈতে উদ্ভাৱনী প্রচেষ্টা সম্পর্কীয় সহযোগিতা গঢ়ি উঠিছে। তদুপৰি, জীৱন ধাৰণৰ মানদণ্ডক অধিক সহজ কৰি তোলাৰ ওপৰতো চৰকাৰে বিশেষ জোৰ দিছে। ‘আয়ুষ্মান ভাৰত’ আঁচনিৰ কথা উল্লেখ কৰি তেওঁ কয় যে ই হৈছে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য সুবিধা আঁচনি। প্ৰধানমন্ত্ৰীয়ে কয় যে এই সকলো পদক্ষেপে কেন্দ্রীয় চৰকাৰৰ পৰিৱৰ্তনমুলক প্রচেষ্টাৰেই ইংগিত বহন কৰে। তেওঁ কয় যে ছুইডেন আৰু উত্তৰ ইউৰোপ তথা উত্তৰ আটলান্টিক দেশসমূহৰ সৈতে ভাৰতৰ অংশীদাৰিত্বমূলক সহযোগিতা এটি অতিশয় গুৰুত্বপূর্ণ বিষয়। তেওঁ কয় যে ছুইডেনৰ ভাৰতীয় বংশোদ্ভূত সমুদায়ে ইয়াত সমবেত হোৱাতো ভাৰতৰ প্রতি থকা আবেগকে সূচাইছে। তেওঁ কয় যে নিউ ইণ্ডিয়াৰ ধাৰণাই তেওঁলোকক বাণিজ্য, বিনিয়োগ আৰু নতুনত্ব উদ্ভাৱনৰ যথেষ্ট সুযোগ প্ৰদান কৰিছে।
ষ্টকহমত ভাৰতীয় সমুদায়ক সম্বোধন প্রধানমন্ত্রীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%A8-%E0%A6%9A%E0%A6%BF-%E0%A6%9A%E0%A6%BF%E0%A7%B0-%E0%A7%B0%E0%A7%87%E0%A6%B2%E0%A7%80%E0%A6%95-%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%8D%E0%A6%AF%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%A8-%E0%A6%9A%E0%A6%BF-%E0%A6%9A%E0%A6%BF%E0%A7%B0-%E0%A7%B0%E0%A7%87%E0%A6%B2%E0%A7%80%E0%A6%95-%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%8D%E0%A6%AF%E0%A6%BF/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এন চি চিৰ ৰেলীক উদ্দেশ্যি ভাষণ দিয়ে। তেওঁ কয় যে এন চি চিৰ প্ৰতিজন যুৱ কেডেটে ইয়ালৈ নিজৰ ব্যক্তিত্ব আৰু পৰিচয় লৈ আহিছে। কিন্তু এমাহৰ ভিতৰত তেওঁলোকৰ মাজত নতুন বন্ধুত্ব গঢ়ি উঠিব আৰু তেওঁলোকে ইজনে সিজনৰ পৰা বহু কথা শিকিব পাৰিব।এন চি চিৰ শিবিৰ সমূহে যুৱক-যুৱতীসকলক ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰৰ বিষয়ে জানিবলৈ সুবিধা দিয়ে। ইয়াৰ ফলত প্ৰতিজন যুৱক-যুৱতীয়ে দেশৰ বাবে ভাল কাম কৰিবলৈ উদ্বুদ্ধ হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এন চি চিৰ শিবিৰৰ পৰা পোৱা শিক্ষাই কেডেটসকলক জীৱনযুৰি সহায় কৰিব।তেওঁ কয় যে এন চি চি মানে কেৱল সমতা আৰু শৃংখলাৱদ্ধতাই নহয়, ই একতাৰো প্ৰতীক। এন চি চিৰ জৰিয়তে আমি দলসমূহক যুদ্ধকালীন গতিত কাম কৰিবলৈ শিক্ষা দিয়াৰ লগতে বেলেগকো অনুপ্ৰেৰণা যোগাওঁ। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এন চি চিয়ে গৌৰৱোজ্জ্বল ৭০ টা দশক সম্পূৰ্ণ কৰিলে আৰু বহুলোকক যুদ্ধকালীন গতিত ভাল কাম কৰিবলৈ শিক্ষা দিলে।আজি আমি লাভ কৰা সফলতাক উদযাপন কৰাৰ লগতে অনাগত দিনত এন চি চিক অধিক ফলপ্ৰসূ কৰি তোলাৰ কথা চিন্তা কৰিব লাগে।তেওঁ সকলো অংশীদাৰকে অহা ৫ বছৰৰ ভিতৰত এন চি চিয়ে ৭৫ বছৰত ভৰি দিয়াৰ আগে আগে সকলো কৰ্ম-আঁচনি তৈয়াৰ কৰিবলৈ আহ্বান জনায়। শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ যুৱপ্ৰজন্মই এতিয়া দুৰ্নীতিক গ্ৰহণ নকৰে। দুৰ্নীতি আৰু ক’লাধনৰ বিৰুদ্ধে যুদ্ধখন বন্ধ নহয়। ভাৰতৰ যুৱপ্ৰজন্মৰ ভৱিষ্যতৰ বাবেই এই যুঁজ চলি থাকিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো কেডেটক ভীম এপৰ যোগেদি নগদবিহীন লেন-দেনৰ প্ৰচাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে আনকো সেই কাম কৰিবলৈ উৎসাহিত কৰাৰ বাবে আহ্বান জনায়।তেওঁ কয় যে স্বচ্চতা আৰু শুদ্ধতাৰ বাবে এই পদক্ষেপ লোৱা হৈছে।ভাৰতৰ যুৱপ্ৰজন্মই মন কৰিলে কোনো কামেই নোহোৱাকৈ নাথাকে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আগতে মানুহে ধনী আৰু ক্ষমতাশালী সকলৰ একো নহয় বুলি ভৱিছিল, কিন্তু আজি পৰিস্থিতি সলনি হৈছে। মূখ্যমন্ত্ৰীও আজি দুৰ্নীতি কৰি জেইললৈ যাব লগা হৈছে। আধাৰৰ বিষয়ে তেওঁ কয় যে ই ভাৰতৰ উন্নয়নত শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে।আগতে আনে ভোগ কৰা সুবিধাসমূহ এতিয়া প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব।
এন চি চিৰ ৰেলীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A7%82%E0%A6%9F%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%B8%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A7%8B%E0%A6%9A%E0%A7%8D%E0%A6%9A-%E0%A6%85%E0%A6%B8%E0%A6%BE%E0%A6%AE%E0%A7%B0%E0%A6%BF%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A7%82%E0%A6%9F%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%B8%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A7%8B%E0%A6%9A%E0%A7%8D%E0%A6%9A-%E0%A6%85%E0%A6%B8%E0%A6%BE%E0%A6%AE%E0%A7%B0%E0%A6%BF%E0%A6%95/
ভূটানৰ মহামহিম ৰজা জিগমে খেশৰ নামগ্যাল ৱাংছুকে দেশৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অৰ্ডাৰ অফ দ্য ড্ৰুক গ্যালপো’ৰে সন্মানীত কৰিছে৷ শ্ৰী মোদীয়ে এই উষ্ম ভাৱনাৰ বাবে ভূটানৰ মহামহিম ৰজাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে৷ ভূটানৰ প্ৰধানমন্ত্ৰীৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এলানি টুইটযোগে কয়, “ধন্যবাদ, ল্যোনছেন @ভূটানৰ প্ৰধানমন্ত্ৰী! মই এই উষ্ম ভাৱনাৰ লগতে ভূটানৰ মহামহিম ৰজাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো৷ ভূটানৰ মোৰ ভাই-ভনীসকলৰ বহুত মৰম পোৱাৰ মই সৌভাগ্য পালো আৰু মই ভূটানৰ ৰাষ্ট্ৰীয় দিৱসৰ শুভক্ষণত সকলোকে শুভকামনা জনাইছো৷ মই ভূটানৰ বহনক্ষম উন্নয়ন আৰ্হি আৰু তেওঁলোকৰ আধ্যাত্মিক জীৱনশৈলীৰ বাবে তেওঁলোকক প্ৰশংসা কৰিছো৷ ড্ৰুক গ্যালপো-মহামহিম ৰজাৰ ধাৰাবাহিক সফলতাই দেশখনৰ এক বিশেষ পৰিচয় দিছে আৰু চুবুৰীয়া দেশসমূহৰ মিত্ৰতাৰ সেই বিশেষ বন্ধুত্বত যথেষ্ট উদ্গনি যোগাইছে, কিয়নো এইবোৰৰ সৈতে আমাৰ দেশৰ সাদৃশ্য আছে৷ ভাৰতে ভূটানক আটাইতকৈ নিবিড় বন্ধু আৰু চুবুৰীয়া দেশ হিচাপে সদায় উদযাপন কৰি থাকিব আৰু ভূটানৰ বিকাশৰ যাত্ৰাত সম্ভাৱ্য সকলো ধৰণৰ সহযোগিতা আগবঢ়াই যাব৷”
ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানীত কৰিলে প্ৰধানমন্ত্ৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%B0%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%B0-%E0%A6%95%E0%A6%B2%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A3-%E0%A6%86%E0%A6%AE%E0%A6%BE%E0%A7%B0-%E0%A6%B8%E0%A7%B0%E0%A7%8D%E0%A6%AC/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%B0%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%B0-%E0%A6%95%E0%A6%B2%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A3-%E0%A6%86%E0%A6%AE%E0%A6%BE%E0%A7%B0-%E0%A6%B8%E0%A7%B0%E0%A7%8D%E0%A6%AC/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দৰিদ্ৰ লোকসকলৰ কল্যাণ আমাৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰ। তেওঁ কয় যে কৰোনা মহামাৰীৰ সময়তো আমি ইয়াৰ বাবে সংকল্পবদ্ধ হৈ আছিলো। শ্ৰী মোদীয়ে লগতে কয়, প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাই দেশবাসীক আশ্বাস দিছে যে প্ৰতিটো অসুবিধাত চৰকাৰে তেওঁলোকৰ সৈতে থিয় থাকিব। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে: “দৰিদ্ৰলোকৰ কল্যাণ আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। আনকি কৰোনা মহামাৰীৰ সময়তো, আমি ইয়াৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ আছিলো। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাই দেশবাসীক আশ্বাস দিছে যে চৰকাৰে প্ৰতিটো অসুবিধাত তেওঁলোকৰ কাষত থিয় দিছে। ”
দৰিদ্ৰৰ কল্যাণ আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ: প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%A8-%E0%A6%AB%E0%A7%81%E0%A6%9F%E0%A6%AC%E0%A6%B2-%E0%A6%95%E0%A6%BF%E0%A6%82%E0%A6%AC%E0%A6%A6/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%A8-%E0%A6%AB%E0%A7%81%E0%A6%9F%E0%A6%AC%E0%A6%B2-%E0%A6%95%E0%A6%BF%E0%A6%82%E0%A6%AC%E0%A6%A6/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিলৰ ফুটবল কিংবদন্তী পেলেৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে পেলেৰ মৃত্যুৱে ক্ৰীড়া জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; "পেলেৰ মৃত্যুৱে ক্ৰীড়া জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে। তেওঁ এগৰাকী গ্লোবেল ফুটবল ছুপাৰষ্টাৰ আছিল, যাৰ জনপ্ৰিয়তা আছিল অপৰিসীম। তেওঁৰ উৎকৃষ্ট ক্ৰীড়া প্ৰদৰ্শন আৰু সফলতাই অনাগত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব। তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি গভীৰ সমবেদনা। ঈশ্বৰে তেওঁৰ আত্মাক শান্তি দিয়ক। '
ব্ৰাজিলিয়ান ফুটবল কিংবদন্তী পেলেৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A6%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%A6%E0%A6%BF%E0%A6%A8-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A6%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%A6%E0%A6%BF%E0%A6%A8-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95/
ৰাষ্ট্রপতি শ্রী ৰামনাথ কোৱিন্দৰ জন্মদিন উপলক্ষে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে তেওঁক শুভেচ্ছা জনায়। টুইটাৰযোগে এক বার্তাত প্রধানমন্ত্রীয়ে কয়, “ৰাষ্ট্রপতিজীক জন্মদিনৰ শুভেচ্ছা জনাইছো। তেওঁৰ নিজৰ বিনয়ী স্বভাৱৰ বাবে সমগ্ৰ দেশবাসীৰ মাজত জনপ্ৰিয় হৈ পৰিছে৷ দৰিদ্র আৰু সমাজৰ প্রান্তীয় লোকসকলৰ সবলীকৰণৰ বাবে তেওঁৰ প্ৰচেষ্টা সমগ্ৰ দেশৰ বাবে নিদৰ্শন হৈ পৰিছে৷ মই তেওঁৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে ভগৱানৰ ওচৰত প্রার্থনা জনাইছো৷”
ৰাষ্ট্রপতিৰ জন্মদিন উপলক্ষে প্রধানমন্ত্রীৰ শুভেচ্ছ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%AE%E0%A7%83%E0%A6%A6%E0%A7%8D%E0%A6%A7%E0%A6%BF%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%87-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%8B-%E0%A6%AA%E0%A7%87%E0%A6%9A%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%AE%E0%A7%83%E0%A6%A6%E0%A7%8D%E0%A6%A7%E0%A6%BF%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%87-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%8B-%E0%A6%AA%E0%A7%87%E0%A6%9A%E0%A6%BF/
যোগান শৃংখলা: আমি আমাৰ যোগান শৃংখলাবোৰত স্বচ্ছতা, বৈচিত্ৰ্য, নিৰাপত্তা আৰু স্থিৰতা উন্নত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ যাতে সেইবোৰ অধিক স্থিতিস্থাপক আৰু সুসংহত হয়। আমি সংকট সঁহাৰি ব্যৱস্থাৰ সমন্বয় কৰিব বিচাৰো; ব্যৱসায়ৰ ধাৰাবাহিকতা ভালদৰে নিশ্চিত কৰাৰ বাবে ব্যাঘাতৰ প্ৰভাৱবোৰ ভালদৰে প্ৰস্তুত আৰু হ্ৰাস কৰিবলৈ সহযোগিতা সম্প্ৰসাৰিত কৰা; লজিষ্টিক দক্ষতা আৰু সমৰ্থন উন্নত কৰা; আৰু মুখ্য কেঁচা আৰু সংসাধিত সামগ্ৰী, অৰ্ধপৰিবাহী, গুৰুত্বপূৰ্ণ খনিজ, আৰু পৰিষ্কাৰ শক্তি প্ৰযুক্তিৰ প্ৰৱেশাধিকাৰ নিশ্চিত কৰিব। পৰিষ্কাৰ শক্তি, ডিকাৰ্বনাইজেছন আৰু আন্তঃগাঁথনি: আমাৰ পেৰিছ চুক্তিৰ লক্ষ্য আৰু আমাৰ জনসাধাৰণ আৰু শ্ৰমিকসকলৰ জীৱিকাৰ সহায়ৰ প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি, আমি আমাৰ অৰ্থনীতিক কাৰ্বনমুক্ত কৰিবলৈ আৰু জলবায়ুৰ প্ৰভাৱৰ প্ৰতি স্থিতিস্থাপকতা গঢ়ি তুলিবলৈ পৰিষ্কাৰ শক্তি প্ৰযুক্তিৰ বিকাশ আৰু প্ৰয়োগ ত্বৰান্বিত কৰাৰ পৰিকল্পনা কৰিছো। ইয়াৰ ভিতৰত আছে প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰা, বিত্ত সংগ্ৰহ কৰা, ৰেহাইমূলক বিত্ত সহ, আৰু বহনক্ষম আৰু দীৰ্ঘম্যাদী আন্তঃগাঁথনিৰ বিকাশত সহায় কৰি আৰু কাৰিকৰী সহায় প্ৰদান কৰি প্ৰতিযোগিতামূলকতা উন্নত কৰাৰ আৰু সংযোগ বৃদ্ধি কৰাৰ উপায় বিচৰা।
সমৃদ্ধিৰ বাবে ইণ্ডো-পেচিফিক অৰ্থনৈতিক পৰিকাঠামো সন্দৰ্ভত বিবৃত
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%AE%E0%A6%AE-%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%83%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%AF%E0%A7%8B%E0%A6%97-%E0%A6%A6/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%AE%E0%A6%AE-%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%83%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%AF%E0%A7%8B%E0%A6%97-%E0%A6%A6/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৮ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (IDY) উপলক্ষে মহীশূৰ পেলেচ গ্ৰাউণ্ডত কেইবা হাজাৰ অংশগ্ৰহণকাৰীৰ সৈতে গণ যোগ প্ৰদৰ্শনত যোগদান কৰে। এই কাৰ্য্যসূচীত কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱাৰ চান্দ গেহলট, মুখ্যমন্ত্ৰী শ্ৰী বাসৱৰাজ বম্মাই আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল প্ৰমুখ্য আন-আন বিশিষ্ট লোকসকল উপস্থিত থাকে। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, মহীশূৰৰ দৰে ভাৰতৰ আধ্যাত্মিক কেন্দ্ৰসমূহে যুগ- যুগ ধৰি লালিত-পালিত যোগ শক্তিয়ে আজি বিশ্ব স্বাস্থ্যক দিক প্ৰদৰ্শন কৰিছে। আজি যোগ বিশ্ব সহযোগিতাৰ এক আধাৰ হৈ পৰিছে আৰু মানৱ জাতিক সুস্থ জীৱনৰ বিশ্বাস প্ৰদান কৰিছে বুলি তেখেতে লগতে কয়। তেখেতে কয় যে আজি আমি দেখিবলৈ পাইছো, যোগ চাৰিবেৰৰ মাজৰপৰা ওলাই সমগ্ৰ বিশ্বখনতে বিয়পি পৰিছে আৰু এয়া আধ্যাত্মিক উপলব্ধিৰ ছবি আৰু ই অভূতপূৰ্ব মহামাৰীৰ যোৱা দুটা বছৰকে প্ৰমুখ্য কৰি স্বাভাৱিক আৰু সহভাজিত মানৱ চেতনাকে প্ৰতিফলিত কৰিছে। “যোগ এতিয়া এটি বিশ্ব উৎসৱত পৰিণত হৈছে। যোগ কেৱল এজন ব্যক্তিৰ নহৈ সমগ্ৰ মানৱ জাতিৰ বাবে। সেয়ে এইবাৰ আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়বস্তু হ’ল – মানৱতাৰ বাবে যোগ (Yoga for humanity)”, তেখেতে কয়। তেখেতে ৰাষ্ট্ৰসংঘ আৰু সকলো দেশকে এই বিষয়বস্তুক গ্ৰহণৰ বাবে ধন্যবাদ জনায়। ভাৰতীয় ঋষি-মুনিসকলৰ উদ্ধৃতিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয়, “যোগে আমাক প্ৰশান্তি যোগায়। যোগ প্ৰসূত শান্তি কেৱল ব্যক্তিৰ বাবেই নহয়। যোগে আমাৰ সমাজলৈ শান্তিৰ সঞ্চাৰ কৰিছে। যোগে আমাৰ ৰাষ্ট্ৰ আৰু বিশ্বখনলৈ শান্তিৰ সঞ্চাৰ কৰিছে। আৰু, যোগে আমাৰ বিশ্বব্ৰহ্মাণ্ডলৈ শান্তি কঢ়িয়াই আনিছে”, তেখেতে আৰু কয়, “এই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডখন আমাৰ নিজৰ দেহ আৰু আত্মাৰপৰাই আৰম্ভ হয়। বিশ্বব্ৰহ্মাণ্ডখন আমাৰপৰা আৰম্ভ হয়। আৰু, যোগে আমাক আমাৰ সকলো কথাৰ প্ৰতি সচেতন আৰু সজাগতাৰ ভাৱ গঢ়ি তোলে।” প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰি কয় যে ভাৰতে স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষ অমৃত মহোৎসৱ হিচাপে উদযাপনৰ সময়তে দেশখনে যোগ দিৱস পালন কৰিছে। যোগ দিৱসৰ এই ব্যাপক গ্ৰহণযোগ্যতা সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এয়া হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামক শক্তি প্ৰদান কৰা অমৃত উদ্দীপনাক আদৰি লোৱা কাৰ্য্য। সেইবাবেই সমগ্ৰ দেশখনৰ ৭৫ আইকনিক স্থানত গণ যোগ প্ৰদৰ্শন কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে যিসমূহ ভাৰতৰ গৌৰৱময় ইতিহাসৰ সাক্ষী আৰু সাংস্কৃতিক শক্তিৰ কেন্দ্ৰ হৈ আহিছে। “ভাৰতৰ ঐতিহাসিক ক্ষেত্ৰসমূহত সামূহিক যোগৰ অভিজ্ঞতা ভাৰতৰ অতীত, ভাৰতৰ বৈচিত্ৰ্য আৰু ভাৰতৰ সম্প্ৰসাৰণক একেলগে বন্ধাৰ দৰে”, তেখেতে বিশদভাৱে কয়। তেখেতে লগতে নতুন কাৰ্য্যক্ৰম ‘গাৰ্ডিয়ান যোগ ৰিং’ সম্পৰ্কেও অৱগত কৰে যি হৈছে ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰা যোগৰ ঐক্যবদ্ধ শক্তিক চিত্ৰিত কৰিবলৈ ৭৯ খন দেশ আৰু ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহৰ লগতে বিদেশত থকা ইণ্ডিয়ান মিছনসমূহৰ মাজত এটি সহযোগিতামূলক অনুশীলন। সূৰ্য্যটোৱে আপাত দৃষ্টিত সমগ্ৰ বিশ্বখনতে পূবৰপৰা পশ্চিমলৈ গতি কৰাৰ পৰিপ্ৰেক্ষিতত অংশগ্ৰহণকাৰী দেশসমূহত গণ যোগ প্ৰদৰ্শন পৃথিৱীৰ যিকোনো এটা বিন্দুৰপৰা দেখা পোৱা মাত্ৰেকে ইটোৰ পিছত সিটোকৈ, প্ৰায় একেলগে ঘটি থকা যেন লাগিব। যিয়ে 'ওৱান ছান, ওৱান আৰ্থ' ৰ ধাৰণাটোক আলোকপাত কৰিছে। “যোগৰ অনুশীলনে স্বাস্থ্য, ভাৰসাম্য আৰু সহযোগিতাক আশ্চৰ্য্যজনক প্ৰেৰণা যোগাইছে”, তেখেতে লগতে কয়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে যোগ আমাৰ বাবে কেৱল জীৱনৰ অংশই নহয়, বৰঞ্চ আজি ই এক জীৱন পদ্ধতিত পৰিণত হৈছে। তেখেতে কয়, যোগক কেৱল এটা নিৰ্দিষ্ট সময় আৰু স্থানত সীমাবদ্ধ ৰাখিব নালাগে। তেখেতে কয়, “আমি যিমানেই মানসিক চাপত নাথাকো কিয়, কেইমিনিটমানৰ ধ্যান-ধাৰণায়েই আমাক সকাহ দিয়ে আৰু আমাৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে। সেয়ে আমি যোগাসনক অতিৰিক্ত কাম হিচাপে গণ্য কৰিব নালাগে। আমিও যোগাসন কৰিব জানিব লাগিব আৰু আমিও যোগাসনক জীৱনৰ অংগ কৰি তুলিব লাগিব। আমিও যোগ সাধনা কৰিব লাগিব, আমিও যোগৰ অভিযোজনা কৰিব লাগিব। আমি যোগক জীৱনৰ অংশ কৰি লোৱা মাত্ৰেকে যোগ দিৱস আমাৰ বাবে যোগাসন কৰাৰ পৰিৱৰ্তে আমাৰ স্বাস্থ্য, সুখ আৰু শান্তি উদযাপনৰ মাধ্যম হৈ পৰিব।” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যোগৰে সম্পৰ্কীয় অসীম সম্ভাৱনাৰাজি উপলব্ধিৰ সময় সমাগত। আজি আমাৰ বহু সংখ্যক যুৱক-যুৱতীয়ে যোগৰ ক্ষেত্ৰখনত নতুন-নতুন চিন্তা কৰিছে। তেখেতে আয়ুষ মন্ত্ৰালয়ৰ ষ্টাৰ্টআপ যোগ চেলেঞ্জ সম্পৰ্কেও অৱগত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২১ ৰ ‘যোগৰ প্ৰসাৰ আৰু বিকাশত অসামান্য বৰঙণিৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটা’ বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে। আজাদী কা অমৃত মহোৎসৱক ৮ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰে একত্ৰীকৰণেৰে সমগ্ৰ দেশখনৰ ৭৫ আইকনিক স্থানত ৭৫ জন কেন্দ্ৰীয় মন্ত্ৰীৰ নেতৃত্বত গণ যোগ প্ৰদৰ্শনৰ লগতে মহীশূৰত প্ৰধানমন্ত্ৰীৰ যোগ প্ৰদৰ্শনৰ আয়োজন কৰা হয়। বিভিন্ন শৈক্ষিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ধৰ্মীয়, কৰ্পৰেট আৰু নাগৰিক সমাজৰ সংগঠনসমূহেও আয়োজন কৰা এই যোগ প্ৰদৰ্শনীত সমগ্ৰ দেশখনৰ কোটি-কোটি লোকে অংশগ্ৰহণ কৰে। মহীশূৰত প্ৰধানমন্ত্ৰীগৰাকীৰ যোগ কাৰ্য্যক্ৰম, নতুন কাৰ্য্যসূচী ‘গাৰ্ডিয়ান যোগ ৰিং’ ৰো এটি অংশ যি হৈছে ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰা যোগৰ ঐক্যবদ্ধ শক্তিক চিত্ৰিত কৰিবলৈ ৭৯ খন দেশ আৰু ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহৰ লগতে বিদেশত থকা ইণ্ডিয়ান মিছনসমূহৰ মাজত এটি সহযোগিতামূলক অনুশীলন। ২০১৫ ৰপৰা, প্ৰতি বছৰে ২১ জুনৰ দিনটোত বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (IDY) উদযাপন কৰা হয়। এই বৰ্ষৰ যোগ দিৱসৰ বিষয়বস্তু হৈছে “মানৱতাৰ বাবে যোগ”। এই বিষয়বস্তুৱে ক’ভিড মহামাৰীৰ সময়ছোৱাত মানৱ জাতিৰ দুখ-কষ্ট লাঘৱত যোগৰ বৰঙণিক প্ৰতিফলিত কৰিছে।
৮ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে মহীশূৰ পেলেচ গ্ৰাউণ্ডত গণ যোগ প্ৰদৰ্শনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A6%AB%E0%A7%8D%E0%A6%9F%E0%A6%AC%E0%A7%87%E0%A6%82%E0%A6%95-%E0%A6%95%E0%A7%B0%E0%A7%8D%E0%A6%AA%E0%A7%B0%E0%A7%87%E0%A6%B6%E0%A7%8D%E0%A6%AF%E0%A6%A8%E0%A7%B0-%E0%A6%AC%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A6%AB%E0%A7%8D%E0%A6%9F%E0%A6%AC%E0%A7%87%E0%A6%82%E0%A6%95-%E0%A6%95%E0%A7%B0%E0%A7%8D%E0%A6%AA%E0%A7%B0%E0%A7%87%E0%A6%B6%E0%A7%8D%E0%A6%AF%E0%A6%A8%E0%A7%B0-%E0%A6%AC%E0%A7%B0/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ ৰ ২৩ মে’ত টকিঅ’ত চফ্টবেংক কৰ্পৰেশ্যনৰ ব’ৰ্ড সঞ্চালক আৰু প্ৰতিষ্ঠাপক মাচায়োশী চোনৰে মিলিত হয়। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ষ্টাৰ্টআপ খণ্ডত চফ্টবেংকৰ ভূমিকাৰ শলাগ লয়। তেওঁলোকে ভাৰতৰ প্ৰযুক্তি, শক্তি আৰু বিত্ত আদি মূল ক্ষেত্ৰসমূহত চফ্টবেংকৰ ভৱিষ্যতে অংশগ্ৰহণ সম্পৰ্কে আলোচনা কৰে। তেওঁলোকে ভাৰতত ইজ অফ ডুয়িং বিজনেছক বাস্তৱায়িত কৰিবলৈ হাতত লোৱা বিভিন্ন সংস্কাৰ সম্পৰ্কে আলোচনা কৰে। চফ্টবেংকে ভাৰতত বিনিয়োগ বৃদ্ধি কৰিবপৰা সম্পৰ্কীয় নিৰ্দিষ্ট প্ৰস্তাৱসমূহ শ্বেয়াৰ কৰা হয়।
চফ্টবেংক কৰ্পৰেশ্যনৰ ব’ৰ্ড সঞ্চালক আৰু প্ৰতিষ্ঠাপক মাচায়োশী চোনৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A7%B0%E0%A6%BF%E0%A6%9C%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AD-%E0%A6%AC%E0%A7%87%E0%A6%82%E0%A6%95%E0%A7%B0-%E0%A6%A6%E0%A7%81%E0%A6%9F/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A7%B0%E0%A6%BF%E0%A6%9C%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AD-%E0%A6%AC%E0%A7%87%E0%A6%82%E0%A6%95%E0%A7%B0-%E0%A6%A6%E0%A7%81%E0%A6%9F/
নমস্কাৰ জী, বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ জী, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাস জী, কাৰ্যক্ৰমত উপস্থিত অন্য মহানুভৱ, দেৱী আৰু সুধীসমাজ, কৰোণাৰ এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত দেশৰ বিত্ত মন্ত্ৰালয়ে, আৰবিআই আৰু অন্য বিত্তীয় সংস্থাসমূহে বহুত প্ৰশংসনীয় কাম কৰিছে। অমৃত মহোৎসৱৰ এই সময়, ২১ শতিকাৰ এই মহত্বপূৰ্ণ দশকৰ দেশৰ বিকাশৰ বাবে বহুত মহত্ব আছে। এনে অৱস্থাত আৰবিআইৰ ভূমিকাও বহুত ডাঙৰ, বহুত মহত্বপূৰ্ণ। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে টীম আৰবিআইয়ে দেশৰ আশা পূৰণ কৰিব। বন্ধুসকল, যোৱা ৬-৭ বছৰৰ পৰা, কেন্দ্ৰীয় চৰকাৰে সাধাৰণ মানুহ, তেওঁলোকৰ হিতক সৰ্বোচ্চ প্ৰাথমিকতা দি কাম কৰি আছে। এক ৰেগুলেটৰ হিচাপে আৰবিআইয়ে অন্য বিত্তীয় সংস্থাসমূহৰ সৈতে একেৰাহে সংবাদ সৃষ্টি কৰি আছে। মই আনন্দিত যে আৰবিআইয়েও সাধাৰণ লোকৰ সুবিধা বঢ়াবলৈ সাধাৰণ নাগৰিকক মনত ৰাখি একেৰাহে অনেক পদক্ষেপ গ্ৰহণ কৰিছে। আজি তাত আৰু এটা পদক্ষেপ সংযুক্ত হৈছে। আজি যি দুটা যোজনা লঞ্চ কৰা হৈছে, তাৰ জৰিয়তে দেশত বিনিয়োগৰ পৰিসৰ বিস্তৃত হ'ব আৰু কেপিটেল মাৰ্কেটক এক্সেছ কৰা, বিনিয়োগকাৰীয়ে বাবে অধিক সহজ, অধিক সুৰক্ষিত হ'ব। ৰিটেইল ডাইৰেক্ট স্কিমত দেশৰ ক্ষুদ্ৰ বিনিয়োগকাৰীক গভাৰ্ণমেণ্ট ছিকিউৰিটীত ইনভেষ্টমেণ্টৰ সৰল আৰু সুৰক্ষিত মাধ্যম লাভ কৰিলে। এনেকৈয়ে ইণ্টেগ্ৰেটেড অম্বাডছমেন লোকপাল স্কিমৰ বেংকিং ছেক্টৰত ৱান নেচন, ৱান অম্বাডছমেন, এই ছিষ্টেমে আজি সাকাৰ ৰূপ লৈছে। ইয়াৰ জৰিয়তে বেংক কাষ্টমাৰৰ প্ৰতিটো অভিযোগ, প্ৰতিটো সমস্যাৰ সমাধান সময়মতে, কষ্ট নোহোৱাকৈ হ'ব। আৰু মোৰ এয়া স্পষ্ট মত যে গণতন্ত্ৰৰ সবাতোকৈ ডাঙৰ শক্তি আপোনালোকে গ্ৰিভেঞ্চে ৰিড্ৰেছেল ছিষ্টেমত কিমান শক্তিশালী কিমান সংবেদনশীল, কিমান প্ৰ'-এক্টিভ, সেয়াইতো গণতন্ত্ৰৰ সবাতোকৈ ডাঙৰ আধাৰ। বন্ধুসকল, অৰ্থনৈতিক ব্যৱস্থাত সকলোৰে অংশগ্ৰহণক প্ৰমোট কৰাৰ যি চিন্তা, তাক ৰিটেইল ডাইৰেক্ট স্কিমে নতুন উচ্চতা দিব। দেশৰ বিকাশত গভাৰ্ণমেণ্ট ছিকিউৰিটী মাৰ্কেটৰ বিশেষ ভূমিকাৰ সৈতে সাধাৰণভাৱে মানুহ পৰিচিত। বিশেষকৈ আজি যেতিয়া দেশে নিজৰ ফিজিকেল আৰু ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰক আধুনিক কৰিবলৈ একত্ৰিত হৈছে, অভূতপূৰ্ব ইনভেষ্টমেণ্ট কৰি আছে, সেই সময়ত সৰুতকৈও সৰু বিনিয়োগকাৰীৰ প্ৰয়াস আৰু সহযোগিতা, অংশীদাৰীত্ব বহুত কামত আহিব। এতিয়ালৈকে গভাৰ্ণমেণ্ট ছিকিউৰিটী মাৰ্কেটত আমাৰ মধ্যম বৰ্গ, আমাৰ কৰ্মচাৰী, আমাৰ ক্ষুদ্ৰ ব্যৱসায়ী, ছিনিয়ৰ চিটিজেন্স অৰ্থাৎ যাৰ ক্ষুদ্ৰ ছেভিংছ আছে তেওঁলোকক ছিকিউৰিটীজত বিনিয়োগৰ বাবে বেংক, ইনছিউৰেঞ্চ বা মিউচুৱেল ফাণ্ডৰ দৰে ইনডাইৰেক্ট পথ অৱলম্বন কৰিবলগা হৈছিল। এতিয়া তেওঁলোকে সুৰক্ষিত বিনিয়োগৰ এটা আৰু উন্নত বিকল্প লাভ কৰিছে। এতিয়া দেশৰ এক বহুত ডাঙৰ বৰ্গই গভাৰ্ণমেণ্ট ছিকিউৰিটীত, দেশৰ সম্পদ নিৰ্মাণত পোনপটীয়াকৈ বিনিয়োগ কৰাত অধিক সহজ হ'ব। এই কথাও আপোনালোকে জানে যে ভাৰতত সকলো গভাৰ্ণমেণ্ট ছিকিউৰিটীত গেৰাণ্টীড ছেটেলমেণ্টৰ ব্যৱস্থা থাকে। এনে অৱস্থাত ক্ষুদ্ৰ বিনিয়োগকাৰীয়ে সুৰক্ষাৰ এক আশ্বাস লাভ কৰে। অৰ্থাৎ ক্ষুদ্ৰ বিনিয়োগকাৰীয়ে সুৰক্ষিত বিনিয়োগত ভাল ৰিটাৰ্নৰ ভৰসা পাব আৰু চৰকাৰে ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিকাশৰ বাবে দেশৰ সাধাৰণ লোকৰ আশা-আকাংক্ষা অনুসৰি নতুন ভাৰত গঢ়িবলৈ যি যি ব্যৱস্থা বিকশিত কৰিব লাগে, তাৰ বাবে প্ৰয়োজনীয় সম্পদ লাভ কৰিব। আৰু এয়াই হৈছে আত্মনিৰ্ভৰ ভাৰতৰ নিৰ্মাণৰ বাবে নাগৰিক আৰু চৰকাৰৰ সামূহিক শক্তি, সামূহিক প্ৰয়াস। বন্ধুসকল, সাধাৰণতে ফাইনেঞ্চৰ কথা অলপ টেকনিকেল হৈ যায়, সাধাৰণ মানুহে হেডলাইন পঢ়ি বাদ দিয়ে, আৰু সেয়ে সাধাৰণ মানুহক ভালদৰে এই কথাবিলাক বুজোৱাটো, আৰু তেওঁলোকক বুজোৱাটো, মই ভাবো আজি সময়ৰ দাবী। কিয়নো ফাইনেঞ্চিয়েল ইনক্লুজনৰ কথা যেতিয়া আমি কওঁ, তেতিয়া এই দেশৰ অন্তিমজন লোককো এই প্ৰচেছৰ অংশ আমি কৰিব বিচাৰো। আপোনালোক এক্সপাৰ্টসকল এই সকলো কথাৰে ভালদৰে পৰিচিত, কিন্তু দেশৰ সাধাৰণ লোকৰ বাবেও, এয়া জানিলে তেওঁলোকৰ বহুত সহায় হ'ব। যেনেকৈ তেওঁলোকে জানিব লাগে যে এই যোজনাৰ জৰিয়তে ফাণ্ড মেনেজাৰৰ দৰকাৰ নহয়, পোনপটীয়াকৈ "ৰিটেইল ডাইৰেক্ট গিল্ট আৰডিজি একাউণ্ট" খুলিব পাৰি। এই একাউণ্টো অনলাইন খুলিব পাৰি আৰু ছিকিউৰিটীৰ ক্ৰয়-পৰ্যবেক্ষণো অনলাইন সম্ভৱ। দৰমহাধাৰী বা পেন্সনাৰৰ বাবে ঘৰতে বহি বহি সুৰক্ষিত বিনিয়োগৰ ই বহুত ডাঙৰ বিকল্প। ইয়াৰ বাবে ক'লৈকো অহাযোৱা কৰাৰ দৰকাৰ নহয়, ফোন আৰু ইণ্টাৰনেটৰ জৰিয়তেই আপুনি মোবাইলত ইণ্টাৰনেট কানেক্টিভিটি, আপোনাৰ কাম হৈ যাব। এই আৰডিজি একাউণ্ট, বিনিয়োগকাৰীৰ ছেভিংছ একাউণ্টৰ সৈতেও লিংক হ'ব। যাৰ জৰিয়তে ক্ৰয়-বিক্ৰয়, অটোমেটিক ক্ৰয়-পৰ্যবেক্ষণৰ যি কাম, সেয়া অটোমেটিক সম্ভৱ হ'ব। আপোনালোকে কল্পনা কৰিব পাৰিছে চাগৈ, মানুহৰ ইয়াৰ ফলত কিমান সহজ হ'ব। বন্ধুসকল, ফাইনেঞ্চিয়েল ইনক্লুজন আৰু ইজ অফ এক্সেছ যিমান দৰকাৰী, ইজ অফ ইনভেষ্টমেণ্ট আৰু বেংকিং ছিষ্টেমৰ ওপৰত সাধাৰণ মানুহৰ ভৰসাও, সাধাৰণ মানুহৰ বাবে সুবিধাও, সাধাৰণ মানুহৰ বাবে সৰলতাও সিমানেই আৱশ্যকীয়। এক শক্তিশালী বেংকিং ছিষ্টেম শক্তিশালী হ'বলৈ ধৰা অৰ্থনৈতিক ব্যৱস্থাৰ বাবে বহুত জৰুৰী। ২০১৪ৰ আগতে কেইবছৰমানত দেশৰ বেংকিং ছিষ্টেমত যেনেকৈ লোকচান হৈছিল, আজি প্ৰত্যেকেই জানে যে, কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল, কি যে হোৱা নাছিল। যোৱা ৭টা বছৰত এনপিএক পাৰদৰ্শিতাৰে ৰিকগনাইজ কৰা হৈছে, ৰিজলিউচন আৰু ৰিকভাৰীৰ ওপৰত মনোযোগ দিয়া হৈছে, পাবলিক ছেক্টৰৰ বেংকসমূহক ৰি-কেপিটেলাইজ কৰা হৈছে, ফাইনেঞ্চিয়েল ছিষ্টেম আৰু পাবলিক ছেক্টৰৰ বেংকসমূহত এটাৰ পিছত এটা ৰিফৰ্ম কৰা হৈছে। যি উইলফুল ডিফলটাৰসকলে আগতে ছিষ্টেমৰ সৈতে খেলা কৰিছিল, এতিয়া তেওঁলোকৰ বাবে মাৰ্কেটৰ পৰা ফাণ্ড সংগ্ৰহ কৰাৰ পথ বন্ধ কৰি দিয়া হৈছে। পাবলিক ছেক্টৰ বেংকৰ সৈতে জড়িত গভাৰ্ণেঞ্চত সংস্কাৰ হওক, ডিচিজন মেকিং, ট্ৰান্সফাৰ-পোষ্টিঙেৰে জড়িত স্বাধীনতা হওক, ক্ষুদ্ৰ বেংকসমূহৰ মাৰ্জ কৰি ডাঙৰ বেংকৰ নিৰ্মাণ হওক বা নেচনেল এছেট ৰিকনষ্ট্ৰাকচন কম্পেনী লিমিটেডৰ স্থাপন হওক, এই সকলো পদক্ষেপৰ জৰিয়তে আজি বেংকিং ছেক্টৰত নতুন বিশ্বাস, নতুন শক্তি উভতি আহিছে। বন্ধুসকল, বেংকিং ছেক্টৰক আৰু শক্তিশালী কৰিবলৈ কো-অপাৰেটিভ বেংকসমূহকো আৰবিআইৰ পৰিসৰলৈ অনা হৈছে। ইয়াৰ ফলত এই বেংকসমূহৰ গভাৰ্ণেঞ্চতো সংস্কাৰ হৈছে আৰু যি লাখ লাখ ডিপজিটৰ আছে, তেওঁলোকৰ ভিতৰতো এই ছিষ্টেমৰ প্ৰতি বিশ্বাস শক্তিশালী হৈ আছে। যোৱা কিছু সময়ত ডিপজিটৰসকলৰ হিতৰ প্ৰতি লক্ষ্য ৰাখিয়েই অনেক সিদ্ধান্ত লোৱা হৈছে। ৱান নেশ্যন, ৱান অম্বাডছমেন ছিষ্টেমৰ জৰিয়তে ডিপজিটৰ আৰু ইনভেষ্টৰছ ফাৰ্ষ্ট সংকল্পই জোৰ পাইছে। আজি যি যোজনা লঞ্চ হৈছে, ইয়াৰ জৰিয়তে বেংক, এনবিএফচি আৰু প্ৰিপেইড ইনষ্ট্ৰুমেণ্টত ৪৪ কোটি লোন একাউণ্ট আৰু ২২০ কোটি ডিপজিট একাউণ্ট ইয়াৰ যি ধাৰক আছে, সেই ধাৰকসকলে পোনপটীয়া ৰেহাই পাব। এতিয়া আৰবিআইৰ দ্বাৰা ৰেগুলেটেড সকলো সংস্থাৰ বাবে খাতা ধাৰকৰ অভিযোগ নথিভুক্ত কৰা, ট্ৰেক কৰা আৰু মণিটৰ কৰাৰ এটাই প্লেটফৰ্ম হ'ব। অৰ্থাৎ, অভিযোগ নিৰাময়ৰ বাবে খাতা ধাৰকে এতিয়া আৰু এটা সহজ উপায় লাভ কৰিলে। যেনেকৈ, যদি কাৰোবাৰ বেংক একাউণ্ট লক্ষ্ণৌত আছে আৰু তেওঁ দিল্লীত কাম কৰি আছে, তেতিয়া আগতে এনেকুৱা হৈছিল যে তেওঁ লক্ষ্ণৌৰ অম্বাডছমেনতহে অভিযোগ কৰিবলগীয়া হৈছিল। কিন্তু এতিয়া তেওঁ ভাৰতত যিকোনো ঠাইৰ পৰা নিজৰ অভিযোগ দাখিল কৰাৰ সুবিধা লাভ কৰিলে। মোক এইবুলিও কোৱা হৈছে যে অনলাইন ফ্ৰড, চাইবাৰ ফ্ৰডেৰে জড়িত বিষয়ৰ নিষ্পত্তি কৰিবলৈ আৰবিআইয়ে এই যোজনাত আৰটিফিচিয়েল ইণ্টেলিজেঞ্চৰ ব্যাপক ব্যৱহাৰৰ ব্যৱস্থা কৰিছে। ইয়াৰ ফলত বেংক আৰু অনুসন্ধান কৰা এজেঞ্চিৰ মাজত কম সময়ত ভাল সংগতি সুনিশ্চিত হ'ব। এনেকুৱা পদক্ষেপৰ জৰিয়তে ডিজিটেল পেনেট্ৰেচন আৰু কাষ্টমাৰ ইনক্লুজনৰ পৰিসৰো বৰ বিশ্বাসৰ সৈতে বাঢ়িব, কাষ্টমাৰৰ ভৰসা আৰু বাঢ়িব। বন্ধুসকল, যোৱা বছৰবিলাকত দেশৰ বেংকিং ছেক্টৰত ফাইনেঞ্চিয়েল ছেক্টৰত ইনক্লুজনৰ পৰা আৰম্ভ কৰি টেকনলজিকেল ইণ্টেগ্ৰেচন আৰু অন্য ৰিফৰ্ম কৰা হৈছে। তাৰ শক্তি আমি কোভিডৰ এই সংকটৰ সময়তো দেখিছো, আৰু তাৰ কাৰণে সাধাৰণ মানুহৰ সেৱা কৰাৰ এক সন্তুষ্টিৰো সৃষ্টি হৈছে। চৰকাৰে যি ডাঙৰ ডাঙৰ সিদ্ধান্ত লৈছিল, তাৰ প্ৰভাৱ বঢ়াবলৈ আৰবিআইৰ সিদ্ধান্তসমূহেও বহুত ডাঙৰ সহায় কৰিছে। আৰু মই আৰবিআইৰ গভৰ্ণৰ আৰু তেওঁৰ সম্পূৰ্ণ টীমক সাৰ্বজনীনভাৱে এই সংকটৰ সময়ত যেনেকৈ তেওঁলোকে বস্তুবিলাক সাহসেৰে নিৰ্ণয় কৰিছে, তাৰ বাবে বহুত বহুত অভিনন্দন জনাইছো। চৰকাৰৰ দ্বাৰা যি ক্ৰেডিট গেৰাণ্টী স্কিমৰ ঘোষণা কৰা হৈছিল, তাৰ জৰিয়তে প্ৰায় ২ লাখ ৯০ হাজাৰ কোটি টকাতকৈও অধিক লোন স্বীকৃত কৰা হৈছে। ইয়াৰ সহায়ত দেৰকোটিতকৈও অধিক লাভাৰ্থীয়ে নিজৰ উদ্যম আৰু শক্তিশালী কৰিছে। ইয়াৰ মাজত বেছিভাগ এমএছএমই আছে, আমাৰ মধ্যম বৰ্গৰ ক্ষুদ্ৰ উদ্যমী আছে। বন্ধুসকল, কোভিড কালতে চৰকাৰৰ দ্বাৰা ক্ষুদ্ৰ কৃষকক কিষান ক্ৰেডিট কাৰ্ড দিবৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰা হয়। যাৰ জৰিয়তে আঢ়ৈ কোটিতকৈও অধিক কৃষকে কেচিচি কাৰ্ডো পালে আৰু প্ৰায় ২.৭৫ লাখ কোটিৰ কৃষি ঋণো তেওঁলোকে পালে। পিএম স্বনিধিৰ জৰিয়তে প্ৰায় ২৬ লাখ ষ্ট্ৰিট ভেণ্ডৰক, যি ঠেলা চলায়, পাছলি বেচে, এনেকুৱা ২৬ লাখ লোকে ঋণ লাভ কৰিছে, আৰু আপোনাকে কল্পনা কৰিব পাৰে, কোভিড কালৰ এই সংকটৰ পিছত ২৬ লাখতকৈও অধিক আমাৰ ষ্ট্ৰিট ভেণ্ডৰে সহায় পোৱাটো, কিমান ডাঙৰ তেওঁলোকৰ বাবে সম্বল হৈ পৰিল। এই যোজনাই তেওঁলোকক বেংকিং ছিষ্টেমৰ সৈতেও সংযুক্ত কৰিলে। এনেকুৱা অনেক পদক্ষেপে গাঁও আৰু চহৰত অৰ্থনৈতিক কামকাজ পুনৰ আৰম্ভ কৰাত বহুত মহত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বন্ধুসকল, ৬-৭ বছৰৰ আগলৈকে ভাৰতত বেংকিং, পেন্সন, ইনছিউৰেঞ্চ এই সকলো এক এক্সক্লুচিভ ক্লাবৰ দৰে আছিল। দেশৰ সাধাৰণ নাগৰিক, দুখীয়া পৰিয়াল, কৃষক, ক্ষুদ্ৰ ব্যৱসায়ী, মহিলা, দলিত-বঞ্চিত-পিছপৰা, এই সকলোৰে বাবে এইবোৰ সুবিধা বহুত দূৰৈত আছিল। যিসকল লোকৰ ওপৰত এই সুবিধাৱলী দুখীয়ালৈ লৈ যোৱাৰ দায়িত্ব আছিল, তেওঁলোকেও ইয়াৰ ওপৰত কেতিয়াও মনোযোগ দিয়া নাছিল। বৰং পৰিৱৰ্তন নহওক, কোনো সলনি নাহক, দুখীয়াৰ ওচৰলৈ যোৱাৰ পথ বন্ধ কৰিবলৈ যিকোনো যুক্তি দিব পাৰে, ভিন ভিন অজুহাতেৰে ই পৰম্পৰা হৈ পৰিছিল। আৰু কি যে কোৱা নহৈছিল, মুকলিকৈ নিৰ্লজ্জভাৱে কোৱা হৈছিল। আৰে, বেংক ব্ৰাঞ্চ নাই, ষ্টাফ নাই, ইণ্টাৰনেট নাই, মানুহৰ মাজত সজাগতা নাছিল, কিমান যে যুক্তি নেদেখুৱাইছিল। আনপ্ৰডাকটিভ ছেভিংছ আৰু ইনফৰমেল লেণ্ডিং, ইয়াৰ জৰিয়তে সাধাৰণ নাগৰিকৰ স্থিতিও বেয়া হৈ আছিল, আৰু বীমাৰ ক্ষেত্ৰত তো ধাৰণা কৰা হৈছিল যে এই সকলো সমৃদ্ধ পৰিয়ালৰ ভাগ্যতহে হয়, কিন্তু আজি স্থিতি সলনি হৈ আছে। আজি ফাইনেঞ্চিয়েল ইনক্লুজনেই নহয়, বেংকিং আৰু ফাইনেঞ্চিয়েল ছেক্টৰত ইজ অফ এক্সেছ ভাৰতৰ পৰিচয় হৈ পৰিছে। আজি বেলেগ বেলেগ পেন্সন যোজনাৰ জৰিয়তে সমাজৰ প্ৰতিজন ব্যক্তিয়ে ৬০ বছৰৰ পিছত পাবলগীয়া পেন্সনৰ সুবিধাৰ সৈতে সংযুক্ত হ'ব পাৰে। পিএম জীৱনজ্যোতি বীমা যোজনা আৰু পিএম সুৰক্ষা বীমা যোজনাৰ জৰিয়তে প্ৰায় ৩৮ কোটি দেশবাসী ২-২ লাখ টকাৰ বীমা সুৰক্ষাৰ সৈতে সংযুক্ত। দেশৰ প্ৰায় প্ৰতিখন গাঁৱত পাঁচ কিলোমিটাৰৰ পৰিসৰত বেংক ব্ৰাঞ্চ বা বেংকিং কৰেস্পণ্ডেণ্টৰ সুবিধা উপলব্ধ হৈছে। সমগ্ৰ দেশতে আজি প্ৰায় চাৰেআঠ লাখ বেংকিং টাচ পইণ্ট আছে, যি দেশৰ প্ৰতিজন নাগৰিকৰ বেংকিং ছিষ্টেমলৈ যোৱাটো বৃদ্ধি কৰিছে। জনধন যোজনাৰ জৰিয়তে ৪২ কোটিতকৈও অধিক ০ বেলেঞ্চ বেংক একাউণ্ট খোলা হৈছে য'ত আজি দুখীয়াৰ হাজাৰ হাজাৰ কোটি টকা জমা আছে। মুদ্ৰা যোজনাৰ জৰিয়তে মহিলা, দলিত-পিছপৰা-আদিবাসীৰ মাজত ব্যৱসায়ীৰ এটা নতুন প্ৰজন্ম দেখিবলৈ পোৱা গৈছে, আৰু স্বনিধি যোজনাৰ জৰিয়তে ষ্ট্ৰিট ভেণ্ডৰসকলেও ইনষ্টিটিউচনেল লেণ্ডিঙৰ সৈতে সংযুক্ত হ'ব পাৰিছে। বন্ধুসকল, লাষ্ট-মাইল ফাইনেঞ্চিয়েল ইনক্লুজনেৰে যেতিয়া ডিজিটেল এমপাৱাৰমেণ্ট সংলগ্ন হ'ল, তেতিয়া ই দেশৰ মানুহক এক নতুন শক্তি দিয়ে। ৩১ কোটিতকৈও অধিক ৰূপেকাৰ্ড, প্ৰায় ৫০ লাখ PoS/m-PoS মেচিনে আজি দেশৰ প্ৰতিটো কোণত ডিজিটেল ট্ৰেনজেকচন সম্ভৱ কৰি তুলিছে। ইউপিআইয়ে তো বহুত কম সময়তে ডিজিটেল ট্ৰেনজেকচনৰ ক্ষেত্ৰত ভাৰতক পৃথিৱীৰ অগ্ৰণী দেশ কৰি তুলিলে। মাত্ৰ ৭ বছৰতে ভাৰতে ডিজিটেল ট্ৰেনজেকচনৰ ক্ষেত্ৰত ১৯ গুণৰ উত্থান ঘটালে। আজি ২৪ ঘণ্টা, সাতোটা দিন আৰু ১২ মাহেই দেশত যিকোনো সময়ত যিকোনো ঠাইতে আমাৰ বেংকিং ছিষ্টেম চলি থাকে। ইয়াৰ লাভো আমি কৰোণাৰ এই সময়ত দেখিছো। বন্ধুসকল, আৰবিআইৰ এটা সংবেদনশীল ৰেগুলেটৰ হোৱা, আৰু পৰিৱৰ্তিত পৰিস্থিতিৰ বাবে নিজকে সাজু কৰি ৰখাটো দেশৰ এটা ডাঙৰ শক্তি। আজিকালি আপোনালোকে দেখিছে যে ফিনটেকৰ দৰে ক্ষেত্ৰত আমাৰ ভাৰতীয় ষ্টাৰ্টআপ কেনেকৈ গ্ল'বেল চেম্পিয়ন হৈ আছে। এই ক্ষেত্ৰখনত টেকনলজি দ্ৰুতগতিত সলনি হৈ আছে। আমাৰ দেশৰ যুৱক-যুৱতীসকলে ভাৰতক ইনভেচনৰ গ্ল'বেল পাৱাৰ হাউছ কৰি তুলিছে। এনে অৱস্থাত এইটো জৰুৰী যে আমাৰ ৰেগুলেটিং ছিষ্টেম এই পৰিৱৰ্তনৰ প্ৰতি সজাগ হৈ থাকক আৰু আমাৰ ফাইনেঞ্চিয়েল ছিষ্টেমক বিশ্বস্তৰীয় কৰি ৰাখিবলৈ সুবিধাজনক ইক'-ছিষ্টেমৰ নিৰ্মাণ কৰক আৰু তাক শক্তিশালী কৰক। বন্ধুসকল, আমি দেশৰ, দেশৰ নাগৰিকৰ আৱশ্যকতাক কেন্দ্ৰত ৰাখিবই লাগিব, বিনিয়োগকাৰীৰ ভৰসা নিৰন্তৰ শক্তিশালী কৰি তুলিব লাগিব। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে এটা সংবেদনশীল আৰু ইনভেষ্টৰ ফ্ৰেণ্ডলী ডেষ্টিনেচনৰ ৰূপত ভাৰতৰ নতুন পৰিচয়ক আৰবিআইয়ে নিৰন্তৰ শক্তিশালী কৰে আৰু মোৰ বিশ্বাস আছে যে শক্তিশালী কৰি থাকিব। এবাৰ আকৌ এই বৃহৎ ৰিফৰ্মৰ বাবে মই আপোনালোক সকলোকে, সকলো ষ্টেকহল্ডাৰক, ইনিছিয়েটিভছ অনা সকলোকে টেকনলজিৰ উত্থান ঘটোৱা বাবে আপোনালোক সকলোকে বহুত শুভকামনা জনাইছো! বহুত বহুত ধন্যবাদ!
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দুটা নতুন গ্ৰাহক কেন্দ্ৰিক তৎপৰতাৰ শুভাৰাম্ভণিত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পা