source_url
stringlengths
202
245
target_url
stringlengths
202
245
text
stringlengths
169
36.1k
summary
stringlengths
26
293
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B2%E0%A7%8B%E0%A6%95%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A7%B0-%E0%A6%B8%E0%A6%BE%E0%A6%82%E0%A6%B8%E0%A6%A6-%E0%A6%AE%E0%A6%B9%E0%A6%A8%E0%A7%8D%E0%A6%A4-%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B2%E0%A7%8B%E0%A6%95%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A7%B0-%E0%A6%B8%E0%A6%BE%E0%A6%82%E0%A6%B8%E0%A6%A6-%E0%A6%AE%E0%A6%B9%E0%A6%A8%E0%A7%8D%E0%A6%A4-%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাৰ সাংসদ মহন্ত চন্দ নাথৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “আলৱাৰ সমষ্টিৰ লোকসভাৰ সাংসদ মহন্ত চন্দ নাথৰ মৃত্যুত দুখিত হৈছো। সামাজিক কামৰ প্ৰতি তেওঁৰ বৰঙণি সদায় স্মৰণীয় হৈ ৰ’ব। পৰিয়াল তথা শুভাকাংক্ষীলৈ গভীৰ সমবেদনা জনাইছোঁ।”
লোকসভাৰ সাংসদ মহন্ত চন্দ নাথৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%81%E0%A6%A8%E0%A7%8B%E0%A7%B0-%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%98%E0%A6%95%E0%A7%87%E0%A6%87%E0%A6%9F%E0%A6%BE%E0%A7%B0-%E0%A6%AC%E0%A6%A4%E0%A7%B0%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%81%E0%A6%A8%E0%A7%8B%E0%A7%B0-%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%98%E0%A6%95%E0%A7%87%E0%A6%87%E0%A6%9F%E0%A6%BE%E0%A7%B0-%E0%A6%AC%E0%A6%A4%E0%A7%B0%E0%A6%BE/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তথ্য সদৰী কৰি কয় যে বিধিসন্মত ভাবে আচুতীয়াকৈ ৰাখিবলগীয়া কালছোৱা সম্পূৰ্ণ হোৱাৰ পিচত কুনোৰ বৃহত্ পৰিসৰত বিচৰণৰ বাবে দুটা চিতাবাঘ মুকলি কৰি দিয়া হৈছে। এই সন্দৰ্ভত শ্ৰী মোদীয়ে টুইট কৰে: “সুন্দৰ খবৰ! মোক কোৱা হৈছে যে বিধি সন্মত ভাবে আচুতীয়াকৈ ৰাখিবলগীয়া কালছোৱা সম্পূৰ্ণ হোৱাৰ পিচত কুনোৰ বিস্তৃৰ্ণ পৰিসৰত বিচৰণ কৰিব পৰাকৈ ইতিমধ্যে ২টা চিতাবাঘ মুকলি কৰি দিয়া হৈছে। দলটোৰ আনকেইটা বাঘকো অচিৰেই মোকলাই দিয়া হ’ব। আটোইকেইটা চিতাবাঘেই সুস্থ, সক্ৰিয়া হৈ থকাৰ লগতে নতুন পৰিৱেশৰ সৈতে সুন্দৰকৈ মিলি যাব পৰা দেখি মোৰ ভাল লাগিছে”।
কুনোৰ চিতাবাঘকেইটাৰ বতৰা দিলে প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%9B%E0%A6%9A%E0%A6%BF%E0%A6%85-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8%E0%A7%B0-%E0%A6%B8%E0%A6%AE%E0%A6%AF%E0%A6%BC%E0%A6%A4-%E0%A6%87%E0%A7%B0%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%9B%E0%A6%9A%E0%A6%BF%E0%A6%85-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8%E0%A7%B0-%E0%A6%B8%E0%A6%AE%E0%A6%AF%E0%A6%BC%E0%A6%A4-%E0%A6%87%E0%A7%B0%E0%A6%BE/
১. প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ইছলামিক গণৰাজ্য ইৰাণৰ ৰাষ্ট্ৰপতি এইচ.ই. উজবেকিস্তানৰ সমৰকন্দত এছচিঅ’ৰ মুৰব্বী পৰিষদৰ ২২ সংখ্যক বৈঠকত শ্ৰীযুত ৰাইচিৰ বৈঠক অনুষ্ঠিত হয়। ২০২১ চনত ৰাষ্ট্ৰপতি ৰাইচিয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি ৰাইচিৰ মাজত এইখন প্ৰথম বৈঠক আছিল। ২) বৈঠকত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰে আৰু সম্পৰ্কঅধিক শক্তিশালী কৰাৰ ইচ্ছা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত-ইৰাণ দ্বিপাক্ষিক সম্পৰ্ক ঐতিহাসিক আৰু সভ্যতাৰ সম্পৰ্কৰ দ্বাৰা নিৰ্ভৰশীল, যাৰ ভিতৰত আছে জনসাধাৰণৰ মাজত শক্তিশালী সম্পৰ্ক। ৩. দুয়োগৰাকী নেতাই চাবাহাৰ বন্দৰৰ শ্বহীদ বেহেস্তি টাৰ্মিনেলৰ উন্নয়নত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু আঞ্চলিক সংযোগৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৪. দুয়োগৰাকী নেতাই আফগানিস্তানকে ধৰি আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক উন্নয়নৰ বিষয়েও আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে আফগানিস্তানৰ জনসাধাৰণক মানৱীয় সহায় আগবঢ়োৱাৰ ভাৰতৰ অগ্ৰাধিকাৰ আৰু শান্তিপূৰ্ণ, স্থিৰ আৰু সুৰক্ষিত আফগানিস্তানৰ সমৰ্থনত এক প্ৰতিনিধিত্বমূলক আৰু অন্তৰ্ভুক্তি-আধাৰিত ৰাজনৈতিক ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। ৫. ৰাষ্ট্ৰপতি ৰাইচিয়ে জেচিপিঅ’এ আলোচনাৰ সাম্প্ৰতিক স্থিতিসম্পৰ্কে প্ৰধানমন্ত্ৰীক অৱগত কৰে। ৬. প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ৰাইচিক তেওঁৰ সুবিধাঅনুসৰি অতি সোনকালে ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়। সমৰকণ্ড ছেপ্তেম্বৰ, ১৬, ২০২২
এছচিঅ’ সন্মিলনৰ সময়ত ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%9C%E0%A7%80%E0%A7%B1%E0%A6%A8-%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A7%B0%E0%A7%8D%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%9C%E0%A7%80%E0%A7%B1%E0%A6%A8-%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A7%B0%E0%A7%8D%E0%A6%95/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জানিবলৈ দিয়ে যে নমো এপৰ এক অভিনৱভাৱে সজ্বিত শাখাত সকলো পৰীক্ষা পে চৰ্চাৰ বাৰ্তালাপৰ অন্তৰ্দৃষ্টি উপলব্ধ যাব। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; "মই আমাৰ মহান #ExamWarriors সৈতে বাৰ্তালাপ কৰি ভাল পাওঁ। পৰীক্ষা আৰু জীৱন সম্পৰ্কীয় বহুতো বিষয়ৰ বাবে পৰীক্ষা পে চৰ্চা এক জীৱন্ত মঞ্চ। এই সকলোবোৰ বাৰ্তালাপৰ অন্তৰ্দৃষ্টি নমো এপৰ এই অভিনৱভাৱে সজ্বিত শাখাত উপলব্ধ যাব।"
পৰীক্ষা আৰু জীৱন সম্পৰ্কীয় বহুতো বিষয়ৰ বাবে পৰীক্ষা পে চৰ্চা হৈছে এক জীৱন্ত মঞ্চ: প্ৰধানমন্ত্ৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A6%87%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%9F-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F-%E0%A6%9B%E0%A6%BE%E0%A6%AE%E0%A6%BF%E0%A6%9F/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A6%87%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%9F-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F-%E0%A6%9B%E0%A6%BE%E0%A6%AE%E0%A6%BF%E0%A6%9F/
১৭ ৰ পৰা ১৯ জানুৱাৰী, ২০১৯ লৈ তিনিদিনীয়া ভ্ৰমণসূচী লৈ ভাৰতত পোনপ্ৰথমবাৰৰ বাবে উপস্থিত হৈছে মাল্টাৰ প্ৰধানমন্ত্ৰী ড. যোছেফ মাছকট, উদ্দেশ্য ভাইব্ৰেণ্ট গুজৰাট ছামিট ২০১৯ ত অংশগ্ৰহণ কৰা। প্ৰধানমন্ত্ৰী মাছকটৰ লগতে ভাৰতলৈ আহিছে মাল্টাৰ অৰ্থনীতি, বিনিয়োগ আৰু ক্ষুদ্ৰ ব্যৱসায় দপ্তৰৰ মন্ত্ৰী ড. খ্ৰীষ্টিয়ান কাৰ্ডোনা, তেখেতৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু দেশখনৰ আগশাৰীৰ বাণিজ্য প্ৰতিষ্ঠাৰ শীৰ্ষ বিষয়াসকল। ভাৰতত আটাইকেইগৰাকীকে আদৰণি জনায় গুজৰাটৰ ৰাজ্যপাল শ্ৰী অ’ পি কোহলীয়ে। গান্ধীনগৰত চলি থকা ভাইব্ৰেণ্ট গুজৰাট ছামিটৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মাছকটৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী মাছকটে বিগত বৰ্ষত মাল্টালৈ যোৱা ভাৰতৰ উপ–ৰাষ্ট্ৰপতিৰ সাক্ষাৎৰ কথা সোঁৱৰণ কৰে আৰু দুয়োখন দেশৰে উন্নীত সম্পৰ্ক তথা দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী হোৱা দিশটোৰ প্ৰসংশা কৰে। এই বৈঠকতে দুয়োগৰাকী বিশ্ব নেতাই দুয়োখন দেশৰ মাজত স্থাপন হ’ব পৰা তথা পৰিবৰ্ধিত হ’ব পৰা ব্যৱসায়–বাণিজ্যৰ দিশসমূহ আলোচনা কৰে। প্ৰধানমন্ত্ৰী মাছকটে আফ্ৰিতা আৰু ইউৰোপীয় বজাৰসমূহৰ বাবে মাল্টাক এক সম্ভাৱনাময় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতীয় ফাৰ্মা আৰু তথ্য প্ৰযুক্তি উদ্যোগটোৰ অৱদানক প্ৰসংশাৰে স্মৰণ কৰে। তেওঁ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ব্লক চেইন আৰু বিত্তীয় প্ৰযুক্তিসমূহৰ দৰে উন্নত প্ৰযুক্তিসমূহৰ ক্ষেত্ৰত মাল্টাৰ সৈতে সহযোগিতা আগবঢ়াবলৈ ভাৰতক আহ্বান জনায়। ব্লক চেইন প্ৰযুক্তিৰ ক্ষেত্ৰত মাল্টাই এক আনুষ্ঠানিক নীতি–নিয়মো প্ৰস্তুত কৰি উলিয়াইছে আৰু দেশখনে ছিষ্টেম মণিটৰ হিচাপে ভাৰতীয় তথ্য–প্ৰযুক্তি কোম্পানীসমূহক এইক্ষেত্ৰত ভুমিকা পালন কৰাৰ বাবে আহ্বান জনায়। ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে মাল্টাৰ পৰা একাডেমিক সহযোগিতা আহ্বান কৰে, ইয়াৰ ভিতৰত থাকিব গুজৰাটত থকা ফৰেনছিক বিশ্ববিদ্যালয়ত কৰ্মৰত মাল্টাৰ পেছাদাৰী বিশেষজ্ঞসকলৰ বাবে প্ৰশিক্ষণ পাঠ্যক্ৰম প্ৰদানৰ সম্ভাৱনীয়তা। দীৰ্ঘম্যাদী বা স্থায়ী উন্নয়নৰ ক্ষেত্ৰত পুনঃনবীকৰণযোগ্য শক্তি আৰু নিম্ন পৰিমাণৰ কাৰ্বন–ইমপ্ৰিণ্টৰ বিকাশৰ গুৰুত্ব উপলব্ধি কৰিয়েই দুয়োগৰাকী নেতাই আন্তঃৰাষ্ট্ৰী সৌৰ চুক্তিৰ প্ৰয়োজনীয়তা ব্যক্ত কৰে আৰু লগতে সৌৰ শক্তিৰ পূৰ্ণ সম্ভাৱনীয়তা আৰু সৌৰ প্ৰযুক্তিক উন্নীতকৰণৰ বাবে প্ৰতিজ্ঞাবদ্ধ হয়। প্ৰধানমন্ত্ৰী মাছকটে তেওঁৰ ভ্ৰমণকালতে ভাইব্ৰেণ্ট গুজৰাট ছামিট ২০১৯ ত অংশগ্ৰহণ কৰাৰ লগতে গুজৰাটৰ মুখ্যমন্ত্ৰীৰ সৈতেও এক বৈঠকত মিলিত হয়।
ভাইব্ৰেণ্ট গুজৰাট ছামিট ২০১৯ (১৭-১৯ জানুৱাৰী, ২০১৯) ত অংশগ্ৰহণৰ বাবে ভাৰতত উপস্থিত মাল্টাৰ প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A8-%E0%A6%9C%E0%A6%BE%E0%A6%A8%E0%A7%81%E0%A7%B1/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A8-%E0%A6%9C%E0%A6%BE%E0%A6%A8%E0%A7%81%E0%A7%B1/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ ৰ ২ জানুৱাৰীত মিৰাট ভ্ৰমণ আৰু দুপৰীয়া প্ৰায় ১ বজাত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। বিশ্ববিদ্যালয়খনি প্ৰায় ৭০০ কোটি টকা আনুমানিক ব্যয়সাপেক্ষে মিৰাটৰ সাৰধনা চহৰস্থিত চালাৱা আৰু কাইলী গাঁৱত স্থাপন কৰা হ'ব। প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ অন্যতম হৈছে দেশখনৰ সকলো প্ৰান্ততে ক্ৰীড়া সংস্কৃতি উদ্বুদ্ধকৰণ আৰু বিশ্বমানৰ ক্ৰীড়া আন্তঃগাঁথনি স্থাপন কৰা। মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন এই দৃষ্টি পৰিপূৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব। ক্ৰীড়া বিশ্ববিদ্যালয়খনক চিনথেটিক হকী গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড, বাস্কেটবল/ ভলীবল/ হেণ্ডবল/ কাবাডী গ্ৰাউণ্ড, লন টেনিছ ক’ৰ্ট, জিমনেছিয়াম হল, চিনথেটিক ৰাণিং ষ্টেডিয়াম, চুইমিং পুল, মাল্টিপাৰ্পাছ হল আৰু চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব। বিশ্ববিদ্যালয়খনত অন্যান্য সুবিধাসমূহৰ লগতে শ্বুটিং, স্কোৱাছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ সুবিধাও থাকিব। বিশ্ববিদ্যালয়খনত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি ১০৮০ জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবপৰা হ’ব।
প্ৰধানমন্ত্ৰীয়ে ২ জানুৱাৰীত মিৰাট ভ্ৰমণ কৰি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%95%E0%A7%B0-%E0%A6%B8%E0%A6%82%E0%A6%95%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%BE%E0%A6%AF%E0%A6%BC/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%95%E0%A7%B0-%E0%A6%B8%E0%A6%82%E0%A6%95%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%BE%E0%A6%AF%E0%A6%BC/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে এলানি টুইটযোগে আজি মকৰ সংক্রান্তি, উত্তৰায়ন, ভোগী, মাঘ বিহু আৰু পোংগল উপলক্ষে দেশবাসীক শুভেচ্ছা জনায়৷ প্রধানমন্ত্রীয়ে কয়, "সমগ্র ভাৰতত আজি আমি বিভিন্ন উৎসৱক চিহ্নিত কৰিছো, যি ভাৰতৰ প্রাণৱন্ত সাংস্কৃতিক বৈচিত্রক প্ৰতিফলিত কৰে। এই উৎসৱ উপলক্ষে সকলোকে মই শুভেচ্ছা জনাইছো। মকৰ সংক্রান্তিৰ শুভেচ্ছা জনালো। https://t.co/4ittq5QTsr. অপূর্ব উত্তৰায়ন উৎসৱ। https://t.co/hHcMBzBjZP ভোগী উপলক্ষে সকলোকে শুভেচ্ছা জনাইছো। এই বিশেষ উৎসৱে আমাৰ সমাজত আনন্দৰ চেতনাক সমৃদ্ধ কৰক। মই আমাৰ সকলো নাগৰিকৰ সু-স্বাস্থ্য আৰু মংগল কামনা কৰিছো। https://t.co/plBUW3psnB সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালো। এই উৎসৱে সকলোৰে জীৱনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে, তাৰবাবে প্রার্থনা জনালো৷ https://t.co/mEiRGpHweZ পোংগলক তামিলনাড়ুৰ এক প্রাণৱন্ত সংস্কৃতিৰ সমার্থক বুলিব পাৰিব৷ এই বিশেষ উৎসৱ উপলক্ষে সমগ্ৰ বিশ্বৰ বিভিন্ন স্থানত থকা সকলোকে, বিশেষকৈ তামিল জনগণক মোৰ শুভেচ্ছা জনাইছো। প্রকৃতিৰ সৈতে আমাৰ বন্ধন আৰু আমাৰ সমাজৰ ভাতৃত্বৰ চেতনা যেন আৰু অধিক সুদৃঢ় হয়, তাৰবাবে প্ৰাৰ্থনা কৰিলো। https://t.co/FjZqzzsLhr"
মকৰ সংক্রান্তি, উত্তৰায়ন, ভোগী, মাঘ বিহু আৰু পোংগল উৎসৱ উপলক্ষে দেশবাসীক শুভেচ্ছা প্রধানমন্ত্রী
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AF%E0%A7%8B%E0%A6%A7%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A6%9F%E0%A6%BF%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AF%E0%A7%8B%E0%A6%A7%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A6%9F%E0%A6%BF%E0%A6%A4/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ যোধপুৰত সংঘটিত মৰ্মান্তিক চিলিণ্ডাৰ বিস্ফোৰণত নিহত প্ৰতিগৰাকীৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকা আৰু আহতসকললৈ ৫০,০০০ টকাৰ এক্স-গ্ৰেচিয়া ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰে; “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ যোধপুৰত সংঘটিত মৰ্মান্তিক চিলিণ্ডাৰ বিস্ফোৰণত নিহত প্ৰতিগৰাকীৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকাৰ এক্স-গ্ৰেচিয়া ঘোষণা কৰিছে। আহতসকললৈ ৫০,০০০ টকাকৈ আগবঢ়োৱা হ’ব।”
ৰাজস্থানৰ যোধপুৰত সংঘটিত মৰ্মান্তিক চিলিণ্ডাৰ বিস্ফোৰণৰ পিছত পিএমএনআৰএফৰপৰা এক্স-গ্ৰেচিয়া ঘোষণা প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%95%E0%A7%B0-%E0%A6%B8%E0%A6%82%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%95%E0%A7%B0-%E0%A6%B8%E0%A6%82%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%95/
মকৰ সংক্ৰান্তি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বাসবৰাজ এছ বোম্মাইৰ মকৰ সংক্ৰান্তিৰ শুভেচ্ছাৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়; ‘ৰাষ্ট্ৰীয় প্ৰগতিত অভূতপূৰ্ব অৱদান আগবঢ়োৱা কৰ্ণাটকৰ মোৰ ভগ্নী আৰু ভাতৃসকলক মকৰ সংক্ৰান্তিৰ শুভেচ্ছা জনাইছোঁ। ৰাজ্যখনৰ জনসাধাৰণৰ সবলীকৰণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কাম কৰি যাব।’
মকৰ সংক্ৰান্তি উপলক্ষে কৰ্ণাটকৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A7%B0-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%80%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A7%B0-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%80%E0%A6%95/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইষ্টাৰ উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “শুভ ইষ্টাৰ! এই বিশেষ দিনটোৱে ঐক্য, শান্তি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়া কৰিব বুলি মই আশাবাদী। ভগবান যীশুখ্ৰীষ্ট্ৰৰ বিনয়ী চিন্তাধাৰা আৰু আদৰ্শই সমাজৰ লোকসকলক সেৱাৰ মনোভাৱৰ লগতে ইতিবাচক চিন্তাৰ বাবে উদ্বুদ্ধ কৰক, তাকে কামনা কৰিলো।”
ইষ্টাৰ উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%8B%E0%A7%B1%E0%A6%BE-%E0%A6%AE%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8%E0%A6%A4-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A6%AC/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%8B%E0%A7%B1%E0%A6%BE-%E0%A6%AE%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8%E0%A6%A4-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A6%AC/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱা মুক্তি দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনাইছে। এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়; "গোৱা মুক্তি দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনাইছো। আজিৰ দিনটোত আমি গোৱা মুক্তি সংগ্ৰামৰ সকলো সেনানীৰ সাহস আৰু অনবদ্য অৱদানৰ কথা সোঁৱৰণ কৰিছো। তেওঁলোকৰ দৃষ্টিৰে আমি অনুপ্ৰাণিত হৈ গোৱাৰ উন্নয়নৰ বাবে কাম কৰি আছো।"
গোৱা মুক্তি দিৱসত ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-11/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-11/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী মোৰাৰজীভাই দেশাইলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়: "মই আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী মোৰাৰজীভাই দেশাইক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ৰাষ্ট্ৰ নিৰ্মাণত তেওঁৰ স্মৰণীয় অৱদানৰ বাবে তেওঁক ব্যাপকভাৱে সন্মান কৰা হয়। তেওঁ ভাৰতক অধিক সমৃদ্ধিশালী কৰি তুলিবলৈ ব্যাপক প্ৰচেষ্টা চলাইছিল। তেওঁ সদায় ৰাজহুৱা জীৱনত বিশুদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। "
প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী মোৰাৰজীভাই দেশাইলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%96%E0%A6%A8-%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%AD%E0%A6%BE%E0%A7%B1%E0%A7%87/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%96%E0%A6%A8-%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%AD%E0%A6%BE%E0%A7%B1%E0%A7%87/
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি, এখন নতুন কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা আঁচনি- পিএম শ্ৰী স্কুলছ (পিএম স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া)ত অনুমোদন জনায়। ই হ'ব সমগ্ৰ দেশত ১৪৫০০ৰো অধিক বিদ্যালয়ৰ বিকাশৰ বাবে এখন নতুন আঁচনি, যিহেতু পিএম শ্ৰী স্কুলছে কেন্দ্ৰীয় চৰকাৰ/ৰাজ্য/কেন্দ্ৰ শাসিত চৰকাৰ/স্থানীয় সমিতিৰ দ্বাৰা পৰিচালিত নিৰ্বাচিত বিদ্যালয়সমূহক শক্তিশালী কৰিব। পিএম শ্ৰী স্কুলছে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ সকলো উপাদান প্ৰদৰ্শন কৰিব, আদৰ্শ বিদ্যালয় হিচাপে কাম কৰিব আৰু লগতে অন্য বিদ্যালয়সমূহক সিবিলাকৰ সমীপৱৰ্তী নেতৃত্বও প্ৰদান কৰিব। পিএম শ্ৰী স্কুলছে ছাত্ৰ-ছাত্ৰীসকলৰ গুণগত বিকাশৰ বাবে মান সম্পন্ন শিক্ষা প্ৰদান কৰিব আৰু ২১শ শতিকাৰ প্ৰধান দক্ষতাৰে সুসজ্জিত সামগ্ৰিক আৰু সু-সংবদ্ধ ব্যক্তি সৃষ্টি আৰু প্ৰতিপালন কৰিবলৈ চেষ্টা চলাব। পিএম শ্ৰী স্কুলছ আঁচনি (পিএম স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া) এখন কেন্দ্ৰীয় পৃষ্ঠপোষকতা সম্পন্ন আঁচনি হিচাপে ৰূপায়িত হ'ব যাৰ মুঠ প্ৰকল্প ব্যয় ২৭৩৬০ কোটি টকা ধাৰ্য কৰা হৈছে, য'ত ২০২২-২৩ বৰ্ষৰ পৰা ২০২৬-২৭লৈ ১৮১২৮ কোটি টকাৰ এটা কেন্দ্ৰীয় অংশ থাকিব। প্ৰধান বিশেষত্ব পিএম শ্ৰীয়ে এক সমতাপূৰ্ণ, সমাৱেশী আৰু আনন্দপূৰ্ণ স্কুলীয়া বাতাবৰণত উচ্চ মানৰ শিক্ষা প্ৰদান কৰিব যি বিভিন্ন পটভূমিৰ পৰা অহা, বিভিন্ন ভাষাৰ আৰু পৃথক শৈক্ষিক সামৰ্থ্য থকা শিশুসকলৰ যতন ল'ব আৰু এনইপি ২০২০ৰ দৃষ্টিভংগী অনুসৰি তেওঁলোকক তেওঁলোকৰ নিজা শিক্ষন প্ৰক্ৰিয়াৰ সক্ৰিয় অংশগ্ৰহণকাৰী কৰি তুলিব। পিএম শ্ৰী স্কুলছে মেণ্টৰশ্বিপ প্ৰদান কৰি অন্য বিদ্যালয়সমূহক তেওঁলোকৰ সংশ্লিষ্ট অঞ্চলত নেতৃত্ব দিব। পিএম শ্ৰী স্কুলছক গ্ৰীণ (সেউজ) স্কুল হিচাপে বিকশাই তোলা হ'ব, য'ত সৌৰ পেনেল আৰু এলইডি লাইট, প্ৰাকৃতিক খেতিৰে পুষ্টি বাগিচা, বৰ্জ ব্যৱস্থাপনা, প্লাষ্টিক মুক্ত, পানী সংৰক্ষণ আৰু ফচল সংগ্ৰহ, পৰিৱেশ ৰক্ষাৰ সৈতে সম্পৃক্ত পৰম্পৰা/কাৰ্যকলাপৰ অধ্যয়ন, জলবায়ু সম্পৰ্কীয় হেকাথন আৰু দীৰ্ঘস্থায়ী জীৱন শৈলী গ্ৰহণৰ বাবে সজাগতা সৃষ্টিৰ ব্যৱস্থা কৰিব। এই বিদ্যালয়সমূহত আহৰণ কৰা বিদ্যা হ'ব অধিক অভিজ্ঞতা সম্পন্ন, সামগ্ৰিক, সমন্বিত, খেলা/পুতলা-ভিত্তিক (বিশেষকৈ প্ৰতিষ্ঠাৰ বছৰত) অনুসন্ধান-চালিত, আৱিস্কাৰ-কেন্দ্ৰিক, শিকাৰু-কেন্দ্ৰিক, আলোচনা-ভিত্তিক, স্থিতিস্থাপক আৰু উপভোগ্য। প্ৰতিটো শ্ৰেণীত প্ৰতিজন শিশুৰ শিক্ষণ ফলাফলৰ ওপৰত আলোকপাত কৰা হ'ব। প্ৰতিটো স্তৰত উপলব্ধিৰ ধাৰণাৰ ভিত্তিত মূল্যায়ন কৰা হ'ব আৰু প্ৰকৃত জীৱনৰ পৰিস্থিতিত জ্ঞানৰ প্ৰয়োগ নিৰূপণ কৰা হ'ব। পৰ্যাপ্ত সম্পদ অনুসৰি আৰু সিবিলাকৰ পৰ্যাপ্ততাৰ ভিত্তিত কাৰ্যকাৰিতা, যথাৰ্থতা, যথোপযুক্ততা, আৰু প্ৰতিটোৰে ব্যৱহাৰ তথা তেওঁলোকৰ প্ৰধান কাৰ্য সংকেতৰাজিৰ লগতে এই ক্ষেত্ৰত হোৱা ব্যৱধান প্ৰণালীবদ্ধ আৰু পৰিকল্পিত পদ্ধতিত পূৰণ কৰাৰ ব্যৱস্থা কৰা হ'ব। নিযুক্তিৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ আৰু উন্নত সংস্থাপন উলিয়াবলৈ ছেক্টৰ স্কিল কাউঞ্চিল আৰু স্থানীয় উদ্যোগৰ সৈতে সম্পৰ্ক স্থাপন কৰা হ'ব। এটা স্কুল কোৱালিটি এছেছমেণ্ট ফ্ৰেমৱৰ্ক (এছকিউএএফ) বিকাশ কৰি থকা হৈছে, যাতে ফলাফলৰ জোখ ল'বলৈ প্ৰধান কাৰ্য সংকেতবোৰ নিৰ্দিষ্ট কৰিব পাৰি। নিয়মীয়াকৈ এই বিদ্যালয়সমূহৰ গুণাগুণ বিচাৰ কৰি আশা কৰা মান লাভ নিশ্চিত কৰা হ'ব। পিএম শ্ৰী স্কুলছ (পিএম স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া)ৰ প্ৰধান বিশেষত্বসমূহ: (ক) মানদণ্ড আৰু নৱোন্মেষণ (শিক্ষা-প্ৰাপ্তিক উন্নত কৰাৰ পৰিকল্পনা, সমগ্ৰ প্ৰগতি কাৰ্ড, অভিনৱ শিক্ষা শাস্ত্ৰ, ইনভেটিভ অধ্যাপনা, স্কুলবেগ বিহীন দিন, স্থানীয় কাৰিকৰৰ সৈতে ইন্টাৰ্ণশ্বিপ, ক্ষমতা নিৰ্মাণ আদি) (খ) আৰটিই অধিনিয়মৰ জৰিয়তে লাভাৰ্থী উন্মুখ পাত্ৰ। এশ শতাংশ পিএম শ্ৰী স্কুলে বিজ্ঞান আৰু গণিতৰ কিট পাব। (গ) বাৰ্ষিক স্কুল অনুদান (সামগ্ৰিক স্কুল অনুদান, গ্ৰন্থাগাৰ অনুদান, খেল অনুদান) (ঘ) বাল্বটিকা আৰু মূল সাক্ষৰতা আৰু সংখ্যা জ্ঞানসহ প্ৰাৰম্ভিক বাল্যকালৰ যতন আৰু শিক্ষা (ঙ) ছোৱালী আৰু চিডব্লিউএছএনৰ বাবে সুৰক্ষিত আৰু উপযুক্ত বুনিয়াদী আন্তঃগাঁথনিৰ ব্যৱস্থাসহ সমানতা আৰু সমাৱেশ। (চ) ছাত্ৰৰ বাবে প্ৰস্তাৱিত বিষয়ৰ বাছনিত স্থিতিস্থাপকতাক উৎসাহিত কৰা। (ছ) শিক্ষক আৰু ছাত্ৰৰ মাজত ভাষাৰ বাধা আঁতৰোৱাত টেকনিকেল হস্তক্ষেপৰ ব্যৱহাৰ কৰি মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে উৎসাহিত কৰা। (জ) ডিজিটেল শিক্ষা শাস্ত্ৰৰ ব্যৱহাৰ কৰিবলৈ আইচিটি, স্মাৰ্ট ক্লাছৰুম আৰু ডিজিটেল লাইব্ৰেৰী। পিএম শ্ৰীৰ জৰিয়তে ১০০% স্কুলক আইচিটি, স্মাৰ্ট ক্লাছৰুম আৰু ডিজিটেল পদক্ষেপৰ জৰিয়তে কভাৰ কৰা হ'ব। (ঝ) বৰ্তমানৰ আন্তঃগাঁথনিক শক্তিশালী কৰা। (ঞ) ব্যাৱসায়িক হস্তক্ষেপ আৰু বিশেষকৈ স্থানীয় উদ্যোগৰ সৈতে ইন্টাৰ্ণশ্বিপ/উদ্যমিতাৰ সুযোগ বঢ়োৱা। বিকাশ পৰিকল্পনা/আশপাশৰ উদ্যোগৰ সৈতে দক্ষতাৰ জোখ আৰু সেই মতে পাঠ্যক্ৰম/পাঠচক্ৰ বিকশিত কৰা। (ট) এই বিদ্যালয়সমূহক সকলো আধুনিক সুবিধাৰে বিকশিত কৰিবলৈ পৰিপূৰ্ণতা আধাৰিত দৃষ্টিভংগী প্ৰয়োগ কৰা হ'ব। সকলো বিদ্যালয়ক বিজ্ঞান গৱেষণাগাৰ, গ্ৰন্থাগাৰ, আইচিটি সুবিধা আৰু ভকেচনেল লেব আদি উপলব্ধ কৰোৱা হ'ব। গ্ৰীণ স্কুল পদক্ষেপ ইয়াৰ উপৰিও, এই যোজনাত স্কুলৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু সুবিধাৱলী নিৰ্মাণৰ বাবে বৰ্তমানৰ যোজনা/পঞ্চায়তীৰাজ সংস্থা/নগৰ স্থানীয় নিকায় আৰু সমুদায়িক অংশগ্ৰহণৰ সৈতে সমন্বয়ৰ পৰিকল্পনা কৰা হৈছে। ৰূপায়ণৰ ৰণনীতি পিএম শ্ৰী স্কুলক সমগ্ৰ শিক্ষা, কেভিএছ আৰু এনভিএছৰ বাবে উপলব্ধ বৰ্তমানৰ প্ৰশাসনিক আন্তঃগাঁথনিৰ মাধ্যমত বলৱৎ কৰা হ'ব। অন্য স্বায়ত্ব নিকায়ক আৱশ্যকতা অনুসৰি বিশেষ পৰিকল্পনাৰ আধাৰত অন্তৰ্ভুক্ত কৰা হ'ব। এই স্কুলসমূহৰ প্ৰগতিৰ জোখমাখ কৰা আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ ৰূপায়ণত অহা প্ৰত্যাহ্বান বুজিবলৈ ইয়াক সবলভাৱে পৰ্যবেক্ষণ কৰা হ'ব। বাছনিৰ প্ৰক্ৰিয়া: পিএম শ্ৰী স্কুলৰ বাছনি চেলেঞ্জ মোডৰ মাধ্যমত কৰা হ'ব, য'ত বিভিন্ন স্কুলে অনুকৰণীয় স্কুল হ'বলৈ সাহায্য প্ৰাপ্ত কৰিবলৈ প্ৰতিযোগিতা কৰিব। স্কুলসমূহে অনলাইন পৰ্টেলত নিজে আবেদন কৰিব লাগিব। এই যোজনাৰ প্ৰথম দুবছৰত, এই পৰ্টেলক বছৰত চাৰিবাৰ, অৰ্থাৎ প্ৰতি তিনিমাহত এবাৰ খোলা হ'ব। এনেকুৱা প্ৰাথমিক বিদ্যালয় (শ্ৰেণী ১-৫/১-৮) আৰু মাধ্যমিক/উচ্চ মাধ্যমিক বিদ্যালয় (শ্ৰেণী ১-১০/১-১২/৬-১০/৬-১২) যাৰ পৰিচালনা কেন্দ্ৰ/ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশ চৰকাৰ/ইউডিআইএছই+ কোডযুক্ত স্থানীয় স্ব-চৰকাৰৰ দ্বাৰা কৰা হয় সিবিলাকৰ বাছনিৰ বাবে এই যোজনাৰ অধীনত বিচাৰ কৰা হ'ব। এই বাছনি নিশ্চিত সময়সীমাৰ ভিতৰত তিনিটা পৰ্যায়যুক্ত প্ৰক্ৰিয়াৰ জৰিয়তে কৰা হ'ব, যিবোৰ এনেকুৱা:- পৰ্যায়-১: ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশে সন্মতি প্ৰদানৰ ওপৰত হস্তাক্ষৰ কৰিব য'ত তেওঁলোকে এনইপিক সম্পূৰ্ণ ৰূপে বলৱৎ কৰাত সন্মতি দিব আৰু কেন্দ্ৰই এই স্কুলসমূহক সমৰ্থন দিবলৈ সংকল্প নিৰ্ধাৰণ কৰিব যাতে পিএম শ্ৰী স্কুলৰ ৰূপত নিৰ্দিষ্ট মানদণ্ডৰ ভৰষা পোৱা যায়। পৰ্যায়-২: এই পৰ্যায়ত ইউডিআইএছই+ ডেটাৰ মাধ্যমত নিৰ্ধাৰিত ন্যূনতম বেঞ্চমাৰ্কৰ আধাৰত সেই স্কুলসমূহৰ সমষ্টি চিনাক্ত কৰা হ'ব যি পিএম শ্ৰী স্কুল হিচাপে বাছনিভুক্ত হোৱাৰ যোগ্য। পৰ্যায়-৩: এই পৰ্যায় কিছুমান মানদণ্ড পূৰণ কৰিবলৈ প্ৰত্যাহ্বানৰ পদ্ধতিত আধাৰিত। ইয়াত স্কুলসমূহৰ ওপৰোক্ত পাত্ৰ সমষ্টিৰ পৰাই বিদ্যালয়ে প্ৰত্যাহ্বানৰ চৰ্ত সম্পূৰ্ণ কৰিবলৈ প্ৰতিদ্বন্দিতা কৰিব। এই চৰ্তৰ পূৰণক ৰাজ্য/কেভিএছ/জেএনভিৰ দ্বাৰা ভৌতিক নিৰিক্ষণৰ জৰিয়তে প্ৰমাণিত কৰা হ'ব। স্কুলসমূহৰ দাবীৰ সত্যাপন ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশ/কেভিএছ/জেএনভিয়ে কৰিব আৰু স্কুলৰ তালিকা মন্ত্ৰালয়ক দিব। সমগ্ৰ ভাৰতত মুঠ স্কুলৰ সংখ্যাৰ ওপৰৰ সীমাৰে প্ৰতিটো ব্লক/ইউএলবি অধিকতম দুখন স্কুল (এখন প্ৰাথমিক আৰু এখন মাধ্যমিক/উচ্চ মাধ্যমিক)ৰ বাছনি কৰা হ'ব। পিএম শ্ৰী স্কুলৰ বাছনি আৰু তত্বাৱধানৰ বাবে স্কুলৰ জিঅ'-টেগিং কৰা হ'ব। জিঅ'-টেগিং আৰু অন্য সম্বন্ধিত কাৰ্যৰ বাবে ভাস্কৰাচাৰ্য ৰাষ্ট্ৰীয় অন্তৰীক্ষ অনুপ্ৰয়োগ আৰু ভূ-সূচনা বিজ্ঞান সংস্থা (বিআইএছএজি-এন)ৰ সেৱা লোৱা হ'ব। স্কুলৰ অন্তিম বাছনিৰ বাবে এখন বিশেষজ্ঞ সমিতি গঠন কৰা হ'ব। পিএম শ্ৰী স্কুলছৰ মানদণ্ডৰ আশ্বাস ১৷ এনইপি ২০২০ৰ প্ৰদৰ্শন ২৷ প্ৰত্যেক শিশুৰ বাবে শিক্ষা প্ৰাপ্তিৰ পৰিণামত বৃদ্ধি ৩৷ মধ্যম শ্ৰেণীৰ প্ৰত্যেক ছাত্ৰই অত্যাধুনিক আৰু ২১শ শতিকাৰ দক্ষতাৰে অৱগত/উন্মুখ ৪৷ মাধ্যমিক শ্ৰেণীৰ প্ৰত্যেক ছাত্ৰ কমেও এটা দক্ষতাৰে উত্তীৰ্ণ হয় ৫৷ প্ৰত্যেক শিশুৰ বাবে খেল, কলা, আইচিটি ৬৷ দীৰ্ঘস্থায়ী আৰু সেউজ বিদ্যালয় ৭৷ সহায় আৰু মাৰ্গদৰ্শনৰ বাবে প্ৰত্যেক বিদ্যালয়ে উচ্চ শিক্ষা প্ৰতিষ্ঠানৰে সংযুক্ত ৮৷ প্ৰত্যেক বিদ্যালয় স্থানীয় উদ্যমশীল ইকো-ছিষ্টেমৰ সৈতে সংযুক্ত ৯৷ প্ৰত্যেক শিশুক মনোবৈজ্ঞানিক কল্যাণ আৰু কেৰিয়াৰৰ বাবে পৰামৰ্শ দিয়া হয় ১০৷ ছাত্ৰ ভাৰতৰ জ্ঞান আৰু ঐতিহ্যৰ সৈতে সংযুক্ত থাকিব; সভ্যতাৰ লোকাচাৰ আৰু ভাৰতৰ প্ৰমূল্যৰ ওপৰত গৌৰৱ কৰিব; বিশ্বত ভাৰতৰ যোগদানৰ বিষয়ে সজাগ হ'ব; সমাজ, জীৱ আৰু প্ৰকৃতিৰ প্ৰতি কৰ্তব্যৰ বাবে সজাগ থাকিব; কিছুমান ভাৰতীয় ভাষাত সংবাদ কৰাত সক্ষম হ'ব; সমাৱেশিতা, সমানতা আৰু অনৈক্যৰ মাজত ঐক্যৰ সন্মান কৰিব; আনৰ সেৱা কৰাৰ প্ৰেৰণা হ'ব আৰু 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ বাবে কাম কৰিবলৈ ইচ্ছুক হ'ব। ১১৷ চৰিত্ৰ গঠন, নাগৰিকতা প্ৰমূল্য, ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি মৌলিক কৰ্তব্য আৰু উত্তৰ দায়িত্ব ১২৷ এই স্কুলসমূহক শিশুৰ সৰ্বাংগীন বিকাশৰ ওপৰত মনোযোগ দি জীৱন্ত স্কুল হিচাপে বিকশিত কৰা হ'ব। এই স্কুলসমূহক শিশুৰ সৰ্বাংগীন বিকাশৰ ওপৰত মনোযোগ দি জীৱন্ত স্কুল হিচাপে বিকশিত কৰা হ'ব। লাভাৰ্থী: যোজনাৰ জৰিয়তে ১৮ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ প্ৰত্যক্ষ লাভ হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও পিএম শ্ৰী স্কুলৰ আশপাশৰ স্কুলসমূহতো পৰামৰ্শ আৰু সহযোগৰ মাধ্যমত প্ৰভাৱ পৰিব।
এখন নতুন কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা আঁচনি- পিএম শ্ৰী স্কুলছ (পিএম স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া)ত কেবিনেটে অনুমোদন জনায
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A6%95%E0%A6%A8%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A6%9A/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A6%95%E0%A6%A8%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A6%9A/
উপস্থিত সকলোলৈ মোৰ শুভকামনা জনালো৷ প্ৰত্যেকজন ভাৰতীয়কে ঘৰ প্ৰদানৰ এই ঐতিহাসিক প্ৰয়াসৰ আপোনালোক সকলোৱেই হ’ল একো একোজন গুৰুত্বপূৰ্ণ ষ্টেকহ’ল্ডাৰ৷ এটা মাহৰ ভিতৰতে মই দ্বিতীয়বাৰৰ বাবে গৃহ নিৰ্মাণ খণ্ডৰ ব্যক্তিসকলৰ সৈতে বাৰ্তালাপ কৰাৰ অৱকাশ লাভ কৰিছো৷ আৰু ইয়াৰ দ্বাৰা আমাৰ সেই প্ৰতিশ্ৰুতি দৃশ্যমান হয় যে মধ্যবিত্তসকলৰ ঘৰৰ সপোন পূৰণ কৰাক আমি কিমান গুৰুত্বসহকাৰে লৈছো আৰু ইয়াৰ পৰা মই দেখিবলৈ পাইছো যে ইয়াৰে বহু সহযোগী ক্ৰেডাই কাৰ্যসূচীতো উপস্থিত আছিল৷ বন্ধুসকল, তালকাটৰা ষ্টেডিয়ামত মোৰ দেশৰ গৃহখণ্ডৰ সৈতে জড়িত তৰুণ বন্ধুসকলক কৈছিলো যে আপোনালোকে গৃহখণ্ডক নতুন ভাৰতৰ শক্তি আৰু প্ৰয়োজনীয়তা অনুসৰি গতি প্ৰদান কৰক৷ ইয়াৰ বাবে দেশ আৰু বিশ্বত নিৰ্মাণখণ্ডৰ সৈতে জড়িত, গৃহখণ্ডৰ সৈতে জড়িত, শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰক৷ আপোনালোকৰ সাহায্যৰ বাবে আমাৰ চৰকাৰে প্ৰতিটো পদক্ষেপতে আপোলোলোকৰ সৈতে আছে, দুখোজ আগুৱাবলৈও প্ৰস্তুত আৰু তাৰে আটাইতকৈ ডাঙৰ প্ৰমাণ হ’ল নিৰ্মাণ প্ৰযুক্তিৰ সৈতে জড়িত এই সন্মিলন৷ বন্ধুসকল, আজিৰ এই সন্মিলন অথবা বিশ্বজনীন গৃহ প্ৰযুক্তিৰ প্ৰত্যাহ্বানৰ প্ৰয়োজনীয়তা এইবাবেই অনুভূত হৈছে কিয়নো দেশত চহৰৰ দ্ৰুত গতিত প্ৰসাৰণ হ’বলৈ ধৰিছে আৰু বিকশিত হ’বলৈ ধৰিছে৷ অন্য বহু দেশৰ দৰে ভাৰততো দ্ৰুত গতিত চহৰীকৰণ হ’বলৈ ধৰিছে৷ দ্ৰুত গতিত বৃদ্ধি হোৱা চহৰীকৰণৰ বাবে নতুন ঘৰৰো আৱশ্যকতা দ্ৰুত গতিত অনুভূত হৈছে৷ বন্ধুসকল, আমাৰ চৰকাৰে গৃহ নিৰ্মাণ খণ্ডৰ চেহেৰা পৰিৱৰ্তন কৰিবলৈ সাতটা ধ্বজ্বাবাহী অভিযানৰ কাম আৰম্ভ কৰিছে৷ স্বচ্ছ ভাৰত অভিযান, দীনদয়াল অন্ত্যোদয়া যোজনা, ৰাষ্ট্ৰীয় নগৰ জীৱিকা অভিযান, হৃদয় আৰু অমৃতৰ দৰে কাৰ্যসূচী প্ৰণয়ন কৰা হৈছে৷ ইয়াৰ লগতে চহৰৰ পৰিবহণ ব্যৱস্থা উন্নত কৰি তুলিবলৈ তথা স্মাৰ্ট চিটীৰ দৰে যোজনাও প্ৰণয়ন কৰা হৈছে৷ এই কথা লক্ষ্য ৰাখি আজি আমাৰ ইয়াত বিভিন্ন ভৌগোলিক স্থিতি অনুসৰি ঘৰ নিৰ্মাণ কৰাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ বন্ধুসকল, এই প্ৰত্যাহ্বানসমূহৰ কথা মনত ৰাখি আমাৰ চৰকাৰে নিৰ্মাণ খণ্ডৰ বাবে এক সামূহিক অভিগমনৰ সৈতে কাম কৰিছে৷ ঘৰ নিৰ্মাণ কৰা সকল তথা ঘৰ ক্ৰয় কৰা সকলে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰবাবে আমি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছো৷ আমি ব্যয়সাধ্য গৃহৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিছো৷ দ্বিতীয়তে আমি ৰিয়েল ইষ্টেটৰ সৈতে জড়িত আইনসমূহ ঠিক কৰিছো৷ তৃতীয়তে আমি দক্ষতা বিকাশৰ ওপৰত কাম কৰিছো আৰু চতুৰ্থতে সকলোৰে সৈতে আমি গৃহখণ্ডত প্ৰযুক্তিৰ উত্তৰণৰ দিশতো কাম কৰিছো৷ আজিৰ এই কাৰ্যসূচীও তাৰেই এক অংশ৷ মোৰ মনত আছে, প্ৰগতিৰ এখন বৈঠকত, আপোনালোকে বোধহয় জানিব যে মোৰ প্ৰগতিৰ বৈঠকত কি হয়, সেইবাবে মই ইয়াৰ বিষয়ে বিস্তাৰিতভাৱে ক’বলৈ নাযাও৷ প্ৰগতিৰ এখন বৈঠকত মই মন্ত্ৰ্যালয়সমূহক বিশ্বজনীন প্ৰত্যাহ্বান প্ৰক্ৰিয়া আঁকোৱালি লোৱাৰ বাবে পৰামৰ্শ প্ৰদান কৰিছিলো৷ আজি মই সুখী যে আপোনালোকে আজি বিশ্বজনীন গৃহ প্ৰযুক্তি প্ৰত্যাহ্বান, ভাৰতৰ জৰিয়তে ইয়াত উপস্থিত আছে৷ বন্ধুসকল, এখন ঘৰ কেৱল চাৰিখন দেৱালৰ সমষ্টি নহয়৷ এয়া এনে এক স্থান য’ত সপোনৰ জন্ম হয় আৰু প্ৰত্যাশাসমূহ পূৰণ হয়৷ ঘৰে কেৱল আশ্ৰয় প্ৰদান কৰাই নহয়, ই সন্মান আৰু সুৰক্ষাও প্ৰদান কৰে৷ এটা কথাই মোক সদায়েই দুঃখিত তথা আচৰিত কৰি আহিছিল যে আমাৰ দৰে এখন ৰাষ্ট্ৰৰ বহু লোকৰ নিজাকৈ একোখন ঘৰ নাই৷ আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে এই সমস্যা সমাধান কৰাৰ দিশত অগ্ৰসৰ হৈছো৷ ২০২২ চনৰ ভিতৰত প্ৰত্যেক ভাৰতীয়ৰে নিজাকৈ একোখন পকীঘৰ হওক এয়া মোৰ এটা সপোন আৰু আমি এই দিশত কাম কৰি আছো৷ আমাৰ শাসনকালৰ সময়চোৱাত ইতিমধ্যেই ১.৩ কোটি গৃহ নিৰ্মাণ কৰা হৈছে৷ আপোনালোকক পৰিসংখ্যাৰ এটা ধাৰণা দিছো, পূৰ্বৰ চৰকাৰখনে মাত্ৰ ২৫ লাখ ঘৰ নিৰ্মাণ কৰিছিল! সংখ্যাই নিজেই কথা ক’ব৷ আমাৰ কাম কেৱল চাৰিখন দেৱাল নিৰ্মাণ কৰাতেই সমাপ্ত হোৱা নাই৷ প্ৰত্যেকখন ঘৰেই যাতে পানীৰ সংযোগ, বিদ্যুতৰ সংযোগ, উজ্বলা সংযোগ তথা অন্যান্য সুবিধাসমূহ পায় সেই নিশ্চিতিৰে আমি কাম কৰিছো৷ যোৱা চাৰে চাৰি বছৰত ঘৰসমূহৰ গুণগতমান তথা এলেকাও বৃদ্ধি কৰা হৈছে৷ কিন্তু এতিয়াও অধিক কাম কৰিবলৈ বাকী৷ মই ব্যক্তিগতখণ্ডৰো সমৰ্থন বিচাৰিছো৷ বিশ্বজনীন গৃহখণ্ডৰ প্ৰত্যাহ্বানক মোকাবিলা কৰাৰ বাবে ইয়াতকৈ সুন্দৰ পথ আৰু কি হ’ব পাৰে৷ আহক আমি একেলগে কাম কৰো, আমাৰ সামৰ্থ বৃদ্ধি কৰো আৰু দৰিদ্ৰতকৈও দৰিদ্ৰ ব্যক্তিৰ সহায়ৰ বাবে আগবাঢ়ো৷ বন্ধুসকল, আমাৰ দেশত যিদৰে দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত লোকসকলৰ বাবে নিজৰ একোখনকৈ ঘৰৰ সপোন দূৰতে বিদুৰ হোৱাৰ দিশে গৈ আছিল, সেই স্থিতি ঠিক নাছিল৷ এই স্থিতি পৰিৱৰ্তন কৰাৰ বাবে অনেক স্তৰত একত্ৰিতভাৱে কাম কৰা হৈছে৷ আমি চেষ্টা কৰিলো যে দুখীয়া আৰু সামান্য মধ্যবিত্ত লোকসকলে ঘৰ ক্ৰয় কৰাৰ বাবে যিবোৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে, তেওঁলোকৰ যি যি চিন্তা, সেয়া দূৰ কৰাৰ বাবে এটা এটাকৈ সমাধান উলিওৱা হওক৷ আজি আমাৰ চৰকাৰৰ প্ৰয়াসৰ ফলতেই গৃহ ঋণৰ সুত পূৰ্বতকৈ হ্ৰাস হৈছে৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰে যিমান সাহায্য প্ৰদান কৰিছে, তাৰফলত জনসাধাৰণৰ ৫ৰ পৰা ৬ লাখ টকাৰ ৰাহি হোৱা অনুমান কৰা হৈছে৷ অৰ্থাৎ যদি কোনোবাই ১৯-২০ লাখ টকাৰ ঋণ ২০ বছৰৰ বাবে লৈছে তেন্তে চৰকাৰৰ যোজনাসমূহৰ বাবে তেওঁৰ প্ৰত্যক্ষভাৱে ৫-৬ লাখ টকা ৰাহি হোৱাটো নিশ্চিত৷ বন্ধুসকল, আমাৰ চৰকাৰে আয়কৰ আৰু পৰোক্ষ কৰৰ সৈতে জড়িত নিয়মসমূহো পৰিৱৰ্তন কৰিছে আৰু এইবাবেই কৰিছে কাৰণ দুখীয়া আৰু মধ্যবিত্ত লোকসকলে যাতে ঘৰ ক্ৰয় কৰিবলৈ ধন ৰাহি কৰিব পাৰে আৰু ঘৰৰ দামো যাতে কম হয়৷ অলপতে দুটা ডাঙৰ সিদ্ধান্ত চৰকাৰ আৰু জিএছটি আয়োগে গ্ৰহণ কৰিছে৷ আয়কৰৰ কথা ক’বলৈ গ’লে ৫ লাখ টকা পৰ্যন্ত কৰযুক্ত আয়ৰ ওপৰত কৰৰ পৰিমাণ শূন্য কৰা হৈছে৷ ইয়াৰোপৰি দুখন ঘৰৰ অনুমানিত ভাড়াৰ ওপৰতো এতিয়া কোনো ধৰণৰ আয়কৰ দিবলগীয়া নহ’ব৷ সেইদৰে মূলধনৰ কৰ হ্ৰাসৰ সুবিধা এতিয়া এখন ঘৰৰ পৰিৱৰ্তে দুখন ঘৰে লাভ কৰিব৷ এই সকলো প্ৰয়াসে মধ্যবিত্ত লোকসকলক নতুন ঘৰ ক্ৰয় কৰাৰ বাবে উৎসাহিত কৰিব৷ ইয়াৰ প্ৰত্যক্ষ লাভ আপোনালোকৰ ব্যৱসায়ত হোৱাটো নিশ্চিত৷ তাৰবাবে হাত-চাপৰিতো বজাব পাৰে৷ বন্ধুসকল, জিএছটিয়েও ৰিয়েল ইষ্টেটৰ ব্যৱসায়ক নিৰ্মাণকাৰী তথা গ্ৰাহক, দুয়োৰে বাবে অতিশয় সহজ কৰি তুলিছে৷ অলপতে নিৰ্মাণ খণ্ডত জিএছটি হ্ৰাস কৰা হৈছে৷ ব্যয়সাধ্য গৃহৰ ওপৰত জিএছটি ৮ শতাংশৰ পৰা হ্ৰাস কৰি ১ শতাংশ কৰা হৈছে, নিৰ্মাণাধীন গৃহ প্ৰকল্পৰ ওপৰত জিএছটি ১২ শতাংশৰ পৰা হ্ৰাস কৰি ৫ শতাংশ কৰা হৈছে৷ মধ্যবিত্তৰ বাবে নিৰ্মাণ হোৱা ঘৰসমূহৰ প্ৰকল্পত যাতে বিত্তপোষণৰ সমস্যা উদ্ভৱ নহয় তাৰবাবে আমি ব্যয়সাধ্য গৃহ পুঁজি গঠন কৰিছো৷ বন্ধুসকল, আমি বুজি পাওঁ যে অধিক ঘৰ আৰু উন্নত ঘৰ নিৰ্মাণৰ বাবে আমি গৃহ নিৰ্মাণ খণ্ডৰ পৰামৰ্শসমূহৰ প্ৰতিও সংবেদনশীল হ’ব লাগিব৷ আৰু আমি তাকেই কৰি আছো৷ আমি গৃহ নিৰ্মাণ খণ্ডৰ সৱলীকৰণ তথা সংশোধনীৰ বাবে কাম কৰি আছো৷ আৰইআৰএ আইনৰ জৰিয়তে গ্ৰাহকসকলৰ নিৰ্মাতাকাৰীসকলৰ প্ৰতি আস্থা বৃদ্ধি পাইছে আৰু ৰিয়েল ইষ্টেট খণ্ডত স্বচ্ছ ব্যৱস্থাৰ প্ৰণয়ন হৈছে৷ বিশ্ব বেংকৰ ‘ইজ অব্ ডুয়িং বিজনেছ সূচাংক’ত আমাৰ উত্তৰণ হোৱাৰ পৰিপ্ৰেক্ষিতত নিৰ্মাণ অনুমোদনৰ সংখ্যাও বৃদ্ধি পাইছে আৰু আমি ক্ৰমাগতভাৱে প্ৰণালীগত সংশোধনীৰ দিশত অগ্ৰসৰ হৈছো৷ বন্ধুসকল, চৰকাৰৰ নীতিসমূহৰ বাবে আপোনালোক অন্য ধৰণেও উপকৃত হ’ব৷ বিশেষকৈ গ্ৰামাঞ্চলত মানৱ সংসাধনৰ এক বৃহৎ সাঁকোৰ সৃষ্টি হৈছে যি ঘৰ নিৰ্মাণ কৰা কৌশলসমূহ জানে, প্ৰশিক্ষিত৷ আমাৰ চৰকাৰে এই খণ্ডত মহিলাসকলৰ প্ৰশিক্ষণৰ বাবেও এক অভিযান আৰম্ভ কৰিছে৷ এই প্ৰশিক্ষণ অভিযানৰ অন্তত সহস্ৰাধিক মহিলা ৰাণীমিস্ত্ৰীৰ ৰূপত কাম কৰি আছে৷ আমাৰ প্ৰয়াস এয়াই যে এই খণ্ডত তৰুণসকলৰ প্ৰযুক্তিগত দক্ষতা বৃদ্ধি কৰি তেওঁলোকক বজাৰৰ বাবে প্ৰস্তুত কৰা হওক যাতে আপোনালোকৰ দৰে উদ্যমীসকল লাভান্বিত হয় আৰু যুৱ বন্ধুসকলেও যাতে অধিক কৰ্ম সংস্থাপন লাভ কৰিব পাৰে৷ ইয়াৰোপৰি দ্ৰুত গতিত পৰিৱৰ্তন হোৱা প্ৰযুক্তিৰ ভিত্তিত আমাৰ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিৰ সৈতে জড়িত পাঠ্যক্ৰমসমূহো যাতে পৰিৱৰ্তিত হওক, এই দিশত কাম কৰা হৈছে৷ লগতে ষ্টাৰ্ট আপ আৰু যুৱ উদ্যমীৰ বাবে এই খণ্ড নতুন বিকল্প হিচাপে উদ্ভাসিত হ’বলৈ ধৰিছে৷ বন্ধুসকল, ভাৰতত নিৰ্মাণৰ অভিগমনৰ ক্ষেত্ৰত আমি আন এক পৰিৱৰ্তন সাধন কৰিছো৷ এতিয়া লাগিলে সেয়া পথেই হওক, আৱাস গৃহই হওক অথবা বাণিজ্যিক ভৱনেই হওক, এই সকলোবোৰ পৰিবেশ অনুকূল, দুৰ্যোগ প্ৰশমনকাৰী তথা শক্তি সামৰ্থভিত্তিক নিৰ্মাণৰ দিশত গুৰুত্ব প্ৰদান কৰা হৈছে৷ ইয়াৰ বাবে স্থানীন উদ্ভাৱনৰ প্ৰয়োজন য’ত আমাৰ তৰুণ বন্ধুসকল জড়িত হৈ পৰিছে৷ বন্ধুসকল, আপোনালোকে জানি সুখী হ’ব যে আশা ইণ্ডিয়া অৰ্থাৎ ব্যয়সাধ্য বহনক্ষম গৃহ নিৰ্মাণ গতিবৰ্ধকে (ccelerator) এই ধৰণৰ উদ্ভাৱনক বজাৰৰ হিচাপত গঢ়ি তোলাৰ দিশত ব্যস্ত হৈ পৰিছে৷ আশা জিএইছটিচি-ইণ্ডিয়াৰ এক অংশ৷ ইয়াত মুম্বাই, মাদ্ৰাছ, খড়গপুৰ আৰু ৰুড়কী আইআইটিত কাম কৰি থকা চাৰিটা ইনকিউবেচন কেন্দ্ৰত যুৱ উদ্যমী আৰু ষ্টাৰ্ট আপ পৰিবেশতন্ত্ৰৰ বিচাৰধাৰাসমূহক বজাৰৰ হিচাপত প্ৰস্তুত কৰাৰ দিশত ক্ষীপ্ৰতাৰে কাম চলাই থকা হৈছে৷ বন্ধুসকল, মই এয়া জানি সুখী হৈছো যে এই ধৰণৰ উদ্ভাৱন, প্ৰযুক্তি আৰু অভিযান্ত্ৰিকত কাম কৰি থকা কিছুসংখ্যক বিদ্যাৰ্থী ইয়াতো উপস্থিত আছে৷ ইয়াত হ’বলগীয়া আলোচনাসমূহত ৰাষ্ট্ৰীয় জ্ঞান নেটৱৰ্ক (এনকেএন)তো সন্নিৱিষ্ট কৰা হ’ব যাৰ দ্বাৰা দেশৰ শিক্ষণ সংস্থাসমূহ উপকৃত হ’ব৷ ইয়াত যিবোৰ প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা হ’ব সেইবোৰ সমাধান কৰাৰ বাবে এই নেটৱৰ্কৰ জৰিয়তে শৈক্ষিক প্ৰতিষ্ঠানসমূহকো সুযোগ প্ৰদান কৰা হ’ব৷ আপোনালোক সকলোৱে যাতে গৃহ নিৰ্মাণ প্ৰযুক্তিক লৈ ভাৰতত হোৱা এই অতুলনীয় প্ৰয়োগৰ অংশীদাৰ হ’ব পাৰে তাৰবাবে লাইট হাউচ প্ৰকল্পৰ আৰম্ভণি কৰা হৈছে৷ গুজৰাট, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, তামিলনাডু, ত্ৰিপুৰা আৰু উত্তৰ প্ৰদেশত আৰম্ভ হোৱা এই প্ৰকল্পসমূহত নিৰ্মাণখণ্ডৰ নতুন প্ৰযুক্তিৰ প্ৰদৰ্শন কৰিব পাৰে৷ এয়া আপোনালোকৰ বাবে লাইভ গৱেষণাগাৰৰ দৰে৷ ইয়াত আপোনালোকে ৱেবকাষ্ট ডেমোৰ দৰে প্ৰযুক্তিৰ জৰিয়তে দেশৰ তৰুণ পেছাদাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব পাৰে৷ বন্ধুসকল, জিএইছটিচি-ইণ্ডিয়া এনেকুৱা এক প্লেটফ’ৰ্ম যাৰ জৰিয়তে ভাৰতৰ নিৰ্মাণ খণ্ডৰ পৰিবেশতন্ত্ৰ আন্তৰ্জাতিক পৰ্যায়ৰ হ’ব পাৰে৷ ইয়াৰ জৰিয়তে আমাৰ প্ৰত্যাহ্বানসমূহৰ বিশ্বজনীন সমাধান লাভ কৰিব পাৰিম৷ আপোনালোকৰ উৎসাহ প্ৰত্যক্ষ কৰি মই এয়া ক’ব পাৰো যে নিৰ্মাণখণ্ডত এক জাগৰণৰ সৃষ্টি হৈছে আৰু এতিয়া আমি আমাৰ চহৰসমূহৰ নিৰ্মাণখণ্ডক বিশ্বজনীন মানক অনুসৰি প্ৰতিষ্ঠা কৰাৰ দিশত আগবাঢ়িব পাৰো৷ বন্ধুসকল, এই সন্মিলনৰ দ্বাৰা ভাৰতৰতো লাভ হ’বই, লগতে বিশ্বৰ নিৰ্মাণকাৰী, স্থাপত্যবিদ, পৰিকল্পক আৰু বিশ্বজনীন চিভিল অভিযন্তা ফাৰ্মসমূহো ইয়াৰ দ্বাৰা উপকৃত হ’ব৷ আমি পৰস্পৰে পৰস্পৰৰ পৰা বহু কথা শিকিব পাৰিম৷ বন্ধুসকল, নতুন ভাৰতৰ নতুন ব্যৱসায় পৰিবেশত আপোনালোকৰ খণ্ডটো বহুধৰণে উপকৃত হ’ব৷ দেশত নিম্ন মধ্যবিত্ত লোকৰ দ্ৰুত গতিত বিস্তাৰ হ’বলৈ ধৰিছে৷ ভাৰত সেইসমূহ দেশৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে য’ত ঘৰৰ চাহিদা ক্ষীপ্ৰ গতিত বৃদ্ধি হ’বলৈ ধৰিছে৷ আমি এই চাহিদা যাতে পূৰণ কৰিব পাৰো, নিৰ্মাণখণ্ডত আধুনিক প্ৰযুক্তিৰ অধিকতম ব্যৱহাৰ যাতে হ’ব পাৰে, সেইবাবে এপ্ৰিল ২০১৯ৰ পৰা মাৰ্চ ২০২০ লৈ নিৰ্মাণখণ্ডৰ প্ৰযুক্তি বৰ্ষ হিচাপে ঘোষণাও কৰিছো৷ বন্ধুসকল, আজি ইয়াম মই এক এটলাছৰ লোকাৰ্পণ কৰাৰো সৌভাগ্য লাভ কৰিছো৷ পৰিস্থিতি কিদৰে পৰিৱৰ্তিত হয়, আপোনালোক আচৰিত হ’ব যে আমাৰ দেশত দুৰ্যোগ প্ৰশমন বিষয়টো কৃষি বিভাগৰ অন্তৰ্ভুক্ত এটা বিষয় আছিল৷ আমাৰ ইয়াত দুৰ্যোগৰ অৰ্থ হ’ল বানপানী অথবা খৰাং, এয়াই আছিল আমাৰ সীমিত চিন্তা আৰু সেইবাবে কৃষি বিভাগৰ লোকেই ইয়াক পৰিচালনা কৰিছিল৷ গুজৰাটত ২০০১ চনত ভূমিকম্প অহাৰ পিছত বোধোদয় হ’ল যে এয়া এক বৃহৎ প্ৰত্যাহ্বান আৰু ইয়াৰ পিছত এই গুৰুত্বপূৰ্ণ বিভাগটোক তাৰে পৰা উলিয়াই গৃহ মন্ত্ৰ্যালয়ক সমৰ্পন কৰা হ’ল যি ৰাজ্যৰ সৈতে সমন্বয় স্থাপন কৰে৷ অৰ্থাৎ এয়া এক দৃষ্টান্তকাৰী স্থানান্তৰণ আছিল যি অটলজীৰ চৰকাৰৰ সময়ত কৰা হৈছিস৷ গুজৰাটত সৰ্বপ্ৰথমে জিলা পৰ্যায়ত দুৰ্যোগৰ সম্ভাৱনা থকা এলেকাসমূহত ভিন্ন ভিন্ন ধৰণে এনেকুৱা বিভিন্ন মানচিত্ৰ জিলাভিত্তিত আৰু গাঁওভিত্তিত প্ৰস্তুত কৰাৰ প্ৰয়াস কৰা হ’ল৷ মই সুখী যে আজি ভাৰত চৰকাৰে এই বিষয়টোক মণ্ডল হিচাপে প্ৰস্তুত কৰি হিন্দুস্তানৰ সকলো ক্ষেত্ৰত… আৰু মই বিচাৰিম যে নিৰ্মাণখণ্ডৰ সৈতে জড়িত লোকসকলে কেৱল ভৱনৰেই নহয়, আনকি পাইপ লাইন, গেছ পাইপ লাইনৰো এইদৰে এই এটলাছৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি নিজৰ যোজনা প্ৰস্তুত কৰক৷ আৰু মইতো চৰকাৰো ক’ম যে নিজৰ নিবিদা ব্যৱস্থাত এই বিষয়ৰো প্ৰসংগ উত্থাপন কৰিব লাগে যে আপোনালোকে এই এটলাছ অধ্যয়ন কৰিছে৷ য’ত আপোনালোকে কাম কৰিব তাত এই এটলাছত যিবোৰ কথা কোৱা হৈছে সেইসমূহ আপোনালোকে কিদৰে প্ৰণয়ন কৰিব৷ হিন্দুস্তানৰ যিকোনো বিভাগ, আনকি ৰাজ্য চৰকাৰেও, তেতিয়াহে এয়া আনুষ্ঠানিক হ’ব৷ সেইদৰে এই আধাৰত সেই এলেকাসমূহতো, য’ত বিশ্ববিদ্যালয় আছে, পৰিকল্পনাৰেই হওক অথবা অভিযান্ত্ৰিক, স্থাপত্যবিদ্যা অথবা গাঁথনিযুক্ত বিষয়েও হওক, তেওঁলোকৰ পাঠ্যক্ৰমতো এই বিষয় অন্তৰ্ভুক্ত কৰিব লাগে৷ আৰু সেইবাবে মই বিচাৰিম যে ইয়াত নিজৰ নিজৰ উদ্যোগত আপোনালোক সকলো বিশেষজ্ঞই এই এটলাছৰ ওপৰত দুদিনকৈ কৰ্মশালাৰ আয়োজন কৰিব লাগে৷ এটলাছ বুজি পোৱা, ইয়াৰ সম্বন্ধীয় বিষয়সমূহ কি সেয়া প্ৰত্যক্ষ কৰা, কিয় সেই বিষয়সমূহ আমি গুৰুত্ব দিব লাগে…আৰু চাব ভাৰতৰ শক্তি কি? বহু কথা আছে যিবোৰত আমি গুৰুত্ব কম দিও৷ আপোনালোক যিমানবোৰ নিৰ্মাণখণ্ডৰ সৈতে জড়িত লোক আছে, ভাৰতে দীৰ্ঘসময়ৰ বাবে উন্নত নিৰ্মাণ কিদৰে কৰিব পাৰে সেই বিষয়ত আপোনালোক পাৰ্গত, কিন্তু যিসকলে এইবাৰ কুম্ভমেলা পৰিদৰ্শন কৰিছে তেওঁলোকে গম পাব যে মেক শ্বিফ্ট এৰেঞ্জমেণ্ট (make shift arrangement ) কিদৰে উন্নত ধৰণে নিৰ্মাণ কৰিব পাৰি, কিমান প্ৰযুক্তিভিত্তিক হিচাপে নিৰ্মাণ কৰিব পাৰি, এয়া দেশে কৰি দেখুৱাইছে৷ গংগা নদীৰ পাপত ৪০ দিনৰ ভিতৰত ২২ কোটিতকৈও অধিক লোক একত্ৰিত হ’ব৷ প্ৰতিদিনে গংগা নদীৰ পাৰত প্ৰায় ইউৰোপৰ এখন দেশ সমবেত হ’ব, তাত স্বচ্ছতা ইমান সুন্দৰ হ’ব পাৰে এয়া দেশে কৰি দেখুৱাইছে৷ কেৱল এয়াই নহয়, আমাৰ যি স্মাৰ্ট চিটীৰ ধাৰণা আছে, স্মাৰ্ট চিটীৰ দ্বাৰা, প্ৰযুক্তিৰ দ্বাৰা, কেন্দ্ৰীয় কমাণ্ড ছিষ্টেমে কিদৰে কাম কৰিব পাৰে সেয়া সমগ্ৰ কুম্ভমেলাত আমাৰ তৰুণসকলে কৰি দেখুৱাইছে৷ অৰ্থাৎ আমাৰ দেশৰ তেনে সামৰ্থ আছে৷ আমি যদি সেইফালে দৃষ্টি নিক্ষেপ কৰো তেতিয়া দেখিম যে কিদৰে ব্যৱস্থাসমূহ আমাৰ বাবে বিকশিত কৰিব পাৰি৷ যদি মেক শ্বিফ্ট এৰেঞ্জমেণ্ট (make shift arrangement ) এনে উত্তম হ’ব পাৰে, তেন্তে স্থায়ী ব্যৱস্থা বিশ্বৰ বাবে আদৰ্শ হিচাপে প্ৰস্তুত হৈ উঠিব পাৰে৷ আৰু মোৰ বিশ্বাস যে আমাৰ গৱেষণাই সেয়া বাস্তৱায়িত কৰিব পাৰিব৷ কিন্তু এই খণ্ডৰ কিদৰে সংশোধন কৰা হয়, ইয়াক কিদৰে উজ্বীৱিত কৰা হয়, নতুন গতি প্ৰদান কৰা হয়, নতুনত্ব অনা হয় সেয়া অতিশয় আৱশ্যকীয়৷ আৰু আপুনি জানি থওক, হিন্দুস্তানে যি কৰিব বিশ্বই সেয়া প্ৰত্যক্ষ কৰিব৷ এই দেশৰ অভিধানৰ শব্দৰ অৰ্থ পৰিৱৰ্তন কৰাৰ শক্তি আছে৷ আগতে অভিনন্দনৰ ইংৰাজী আছিল congratulations আৰু এতিয়া অভিনন্দনৰ অৰ্থ সলনি হৈছে৷ এই শক্তি আমাৰ দেশত আছে৷ আহক, এই বিশ্বাসেৰে আমি আগবাঢ়ো, এক পৰাক্ৰমী ৰাষ্ট্ৰৰ ৰূপত আগবাঢ়ো আৰু সপোনসমূহ বাস্তৱায়িত কৰাৰ বাবে সময় অনুসৰি পদক্ষেপ গ্ৰহণ কৰিব লাগে, চৰকাৰ আপোনালোকৰ লগত আছে৷ পুনৰবাৰ আপোনালোক সকলোলৈ এই সন্মিলনৰ বাবে অশেষ শুভকামনা যাচিলো৷ অশেষ ধন্যবাদ!!!
নতুন দিল্লীত ‘কনষ্ট্ৰাকচন টেকন’ল’জী ইণ্ডিয়া ২০১৯’ৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE/
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মোপা, গোৱাৰ নাম সলনি কৰি ‘মনোহৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ-মোপা, গোৱা’ বুলি অনুমোদন জনাইছে। প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী আৰু গোৱাৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ পাৰিকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বিমানবন্দৰটোৰ নাম সলনি কৰা হৈছে। ৰাজ্যখনৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰাৰ বাবে গোৱাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ কেবিনেটত গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, মোপা, গোৱাক 'মনোহৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ– মোপা, গোৱা' হিচাপে পুনৰ নামকৰণ কৰাৰ সৰ্বসন্মত সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল। গোৱাৰ মোপাত থকা গ্ৰীণফিল্ড বিমানবন্দৰটো ২০২২ চনৰ ডিচেম্বৰত মাননীয় প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিছে। আধুনিক গোৱা গঢ়ি তোলাত পাৰিকৰৰ অৱদানৰ স্বীকৃতি স্বৰূপে বিমানবন্দৰটোৰ নাম প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰতৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী স্বৰ্গীয় ড০ মনোহৰ পাৰিকাৰৰ নামেৰে ৰখা হৈছে।
দেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী তথা গোৱাৰচাৰিবাৰৰ মুখ্যমন্ত্ৰী প্ৰয়াত মনোহৰ পাৰিকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি স্বৰূপে গোৱাৰ গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক ‘মনোহৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, মোপা, গোৱা’ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্তক কেন্দ্ৰীয় কেবিনেটৰ অনুমোদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A7%9F%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80%E0%A6%A4-%E0%A7%B0%E0%A6%BE%E0%A6%A3%E0%A7%80-%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%8D%E0%A6%AE%E0%A7%80%E0%A6%AC%E0%A6%BE%E0%A6%88%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A7%9F%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80%E0%A6%A4-%E0%A7%B0%E0%A6%BE%E0%A6%A3%E0%A7%80-%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%8D%E0%A6%AE%E0%A7%80%E0%A6%AC%E0%A6%BE%E0%A6%88%E0%A6%95/
জয়ন্তীত ৰাণী লক্ষ্মীবাঈক সশ্ৰদ্ধ স্মৰণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ সাহস আৰু আমাৰ দেশৰ প্ৰতি তেওঁ আগবঢ়োৱা স্মৰণযোগ্য অৱদানৰ কথা কেতিয়াও পাহৰিব পৰা নাযাব। এই সন্দৰ্ভত প্ৰকাশ কৰা এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়; “ৰাণী লক্ষ্মীবাঈক তেওঁৰ জয়ন্তীত স্মৰণ কৰিছো। তেওঁৰ সাহস আৰু তেওঁ আগবঢ়াই থৈ যোৱা স্মৰণযোগ্য অৱদানৰ কথা কাহানিও পাহৰিব পৰা নাযাব। ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে তেওঁৰ অবিচল বিৰোধিতাৰ বাবে তেওঁ প্ৰেৰণাৰ উত্স হৈ উঠিছিল। যোৱা বছৰৰ আজিৰ এই দিনটোত কৰা ঝাঁসী ভ্ৰমণৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছো।
জয়ন্তীত ৰাণী লক্ষ্মীবাঈক প্ৰধানমন্ত্ৰীৰ সশ্ৰদ্ধ স্মৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A6%A4-%E0%A6%89%E0%A6%AA-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A6%A4-%E0%A6%89%E0%A6%AA-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF-2/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৰ বিদায় অনুষ্ঠানত অংশগ্ৰহণ কৰে। উচ্চ সদনৰ পদেন সভাপতি উপ-ৰাষ্ট্ৰপতিগৰাকীলৈ প্ৰধানমন্ত্ৰীয়ে উষ্ম শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে শ্ৰী নাইডুৰ জ্ঞান আৰু বুদ্ধিমত্তাৰে পৰিচয় দিয়া বহু মুহূৰ্তৰ কথা স্মৰণ কৰে৷ নতুন ভাৰতত নেতৃত্বৰ ৰং সলনি হোৱাটো লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “যেতিয়া আমি চলিত বৰ্ষৰ ১৫ আগষ্ট দিনটো পালন কৰিম, তেতিয়া এইটো এনে স্বাধীনতা দিৱস হ’ব য’ত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, অধ্যক্ষ আৰু প্ৰধানমন্ত্ৰী স্বাধীনতাৰ পিছত জন্ম হোৱা। তদুপৰি, তেওঁলোক সকলোৱেই অতি সাধাৰণ পটভূমিৰ পৰা অহা।” ইয়াৰ এক বৃহৎ প্ৰতীকী মূল্য আছে আৰু ই এক নতুন যুগৰ আভাস বুলিও তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজহুৱা জীৱনত গ্ৰহণ কৰা সকলো ভূমিকাত দেশৰ যুৱক-যুৱতীসকলক নিৰন্তৰভাৱে উৎসাহিত কৰাৰ কথা সোঁৱৰাই দিয়ে। তেওঁ সদায় সদনত যুৱ সদস্যসকলকো উদ্গনি যোগাইছিল। ‘আমাৰ উপ-ৰাষ্ট্ৰপতি হিচাপে আপুনি যুৱ কল্যাণৰ বাবে বহু সময় উচৰ্গা কৰিছিল। আপোনাৰ বহু কাৰ্যসূচী যুৱ শক্তিৰ ওপৰত কেন্দ্ৰিত আছিল”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপ-ৰাষ্ট্ৰপতিৰ ২৫ শতাংশ ভাষণ, সদনৰ বাহিৰত, ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত আছিল। প্ৰধানমন্ত্ৰীয়ে বিভিন্ন পদবীত শ্ৰী এম ভেংকায়া নাইডুৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্কৰ আলোকপাত কৰে। তেওঁ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ দলীয় কৰ্মী হিচাপে মতাদৰ্শগত দায়বদ্ধতা, বিধায়ক হিচাপে কাম কৰা, সংসদ সদস্য হিচাপে কাৰ্যকলাপৰ স্তৰ, বিজেপিৰ সভাপতি হিচাপে সাংগঠনিক দক্ষতা, মন্ত্ৰী হিচাপে তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু কূটনীতি আৰু উপ-সভাপতি আৰু অধ্যক্ষ হিচাপে তেওঁৰ নিষ্ঠা আৰু মৰ্যাদাৰ শলাগ লয়৷ প্ৰধানমন্ত্ৰীয়ে কয়, “মই বহু বছৰ ধৰি শ্ৰী এম ভেংকয়া নাইডু জীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আহিছো। তেওঁ বিভিন্ন দায়িত্বও গ্ৰহণ কৰা দেখিছো আৰু তেওঁ প্ৰত্যেকটো দায়িত্ব অতি নিষ্ঠাৰে পালন কৰিছিল৷” প্ৰধানমন্ত্ৰীয়ে কয় যে জনজীৱনত মানুহে শ্ৰী এম ভেংকায়া নাইডুৰ পৰা বহু কথা শিকিব পাৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উপ-ৰাষ্ট্ৰপতিৰ বুদ্ধিমত্তা আৰু শব্দশক্তিৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় “আপোনাৰ প্ৰতিটো শব্দ শুনা, পছন্দ কৰা আৰু শ্ৰদ্ধা কৰা হয়…আৰু কেতিয়াও প্ৰতিহত কৰিব পৰা নহয়৷” প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “শ্ৰী এম ভেংকাইয়া নাইডু জীৰ এটা এটা লাইনাৰ বিখ্যাত। সেইবোৰ বৌদ্ধিকতাৰ লাইনাৰ। ভাষাৰ ওপৰত তেওঁৰ নিয়ন্ত্ৰণ সদায় মহান হৈ আহিছে” প্ৰধানমন্ত্ৰীয়ে কয় যে সদন ভিতৰে-বাহিৰে উপ-ৰাষ্ট্ৰপতিৰ ব্যাপক প্ৰকাশভংগীয়ে যথেষ্ট প্ৰভাৱ পেলাইছে। “শ্ৰী এম ভেংকাইয়া নাইডু জীয়ে যি কয় তাত গভীৰতা আৰু অৰ্থ দুয়োটা আছে, ই যিমান প্ৰত্যক্ষ সিমানেই অতুলনীয়, আপুনি কোৱা কথাত বুদ্ধি আৰু ওজন, উষ্ণতাৰ লগতে প্ৰজ্ঞা দুয়োটা আছে,” তেওঁ কয়। দক্ষিণ ভাৰতত শ্ৰী এম ভেংকয়া নাইডুৰ ৰাজনৈতিক কেৰিয়াৰৰ বিনম্ৰ আৰম্ভণিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এজন ৰাজনৈতিক কৰ্মীৰ পৰা তেওঁৰ দলৰ সভাপতি আৰু উপ-ৰাষ্ট্ৰপতিলৈকে যাত্ৰাত তেওঁক মতাদৰ্শ আৰু দৃঢ়তাৰ প্ৰতি অদম্য অটলতা প্ৰতিফলন ঘটিছে। “যদি আমাৰ দেশৰ প্ৰতি অনুভূতি থাকে, আমাৰ মতামত আগবঢ়াই নিয়াৰ কলা থাকে, ভাষিক বৈচিত্ৰ্যৰ ওপৰত বিশ্বাস থাকে, তেন্তে ভাষা আৰু অঞ্চল আমাৰ বাবে কেতিয়াও বাধা নহয় আৰু আপুনি এই কথা প্ৰমাণ কৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ মাতৃভাষাৰ প্ৰতি থকা প্ৰেমৰ কথাও উল্লেখ কৰে৷ তেওঁ কয় “ভেংকাইয়া জীৰ এটা প্ৰশংসনীয় কথা হ’ল ভাৰতীয় ভাষাৰ প্ৰতি তেওঁৰ আবেগ। ইয়াৰ প্ৰতিফলন ঘটিছিল তেওঁ কেনেকৈ সদনত সভাপতিত্ব কৰিছিল। ৰাজ্যসভাৰ উৎপাদনশীলতা বৃদ্ধিত তেওঁ অৰিহণা যোগাইছিল”। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপ-ৰাষ্ট্ৰপতিয়ে স্থাপন কৰা ব্যৱস্থাসমূহে, তেওঁৰ নেতৃত্বই সদনৰ উৎপাদনশীলতাক নতুন উচ্চতা প্ৰদান কৰিলে। উপ-ৰাষ্ট্ৰপতিৰ নেতৃত্বৰ বছৰবোৰত সদনৰ উৎপাদনশীলতা ৭০ শতাংশ বৃদ্ধি পাইছিল, সদস্যসকলৰ উপস্থিতি বৃদ্ধি পাইছিল, আৰু সেই সময়ছোৱাত সদনত অভিলেখসংখ্যক ১৭৭খন বিধেয়ক গৃহীত বা আলোচনা কৰা হৈছিল। “আপুনি ইমানবোৰ সিদ্ধান্ত লৈছে যিবোৰ উচ্চ সদনৰ ঊৰ্ধমুখী যাত্ৰাৰ বাবে স্মৰণীয় হৈ থাকিব”, প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে উপ-ৰাষ্ট্ৰপতিয়ে সদনৰ কৌশলী, বুদ্ধিমান আৰু দৃঢ় আচৰণক প্ৰশংসা কৰাৰ লগতে এক বিন্দুও যদি সদনত ব্যাঘাত জন্মায় তেতিয়া সদনৰ অৱমাননা হৈ পৰে বুলি দৃঢ় বিশ্বাস ৰখাৰ বাবে তেওঁক প্ৰশংসা কৰে। “মই আপোনালোকৰ মানদণ্ডত গণতন্ত্ৰৰ পৰিপক্কতা দেখিছোঁ”, প্ৰধানমন্ত্ৰীয়ে কয়। কঠিন মুহূৰ্ততো সদন চলাই ৰখাৰ সমাযোজন, যোগাযোগ আৰু সমন্বয়ৰ তেওঁ শলাগ লৈছিল। প্ৰধানমন্ত্ৰীয়ে শ্ৰী এম ভেংকয়া নাইডুৰ মতামতক প্ৰশংসা কৰে যে ‘চৰকাৰে প্ৰস্তাৱ দিয়ক, বিৰোধীয়ে বিৰোধিতা কৰক আৰু সদনে নিষ্পত্তি কৰক’। এই সদনত আনটো সদনৰ পৰা অহা প্ৰস্তাৱসমূহ গ্ৰহণ, প্ৰত্যাখ্যান বা সংশোধন কৰাৰ অধিকাৰ আছে যদিও আমাৰ গণতন্ত্ৰই আনটো সদনৰ পৰা পোৱা প্ৰস্তাৱসমূহ স্থগিত ৰখাৰ কথা কল্পনা কৰা নাই বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে সদন আৰু দেশৰ প্ৰতি আগবঢ়োৱা মাৰ্গদৰ্শন আৰু অৱদানৰ বাবে উপ-ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।
ৰাজ্যসভাত উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুক বিদায় জনালে প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC%E0%A7%87%E0%A6%9B%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%95%E0%A7%87/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC%E0%A7%87%E0%A6%9B%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%95%E0%A7%87/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী আৰু মালয়েছিয়াৰ প্ৰথম প্ৰবাসী ভাৰতীয় সন্মান বঁটাপ্ৰাপক টুন ডঃ এছ. ছামি ভেল্লুৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে। এটি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়; “মালয়েছিয়াৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী আৰু মালয়েছিয়াৰ প্ৰথম প্ৰবাসী ভাৰতীয় সন্মান বঁটাপ্ৰাপক টুন ডঃ এছ. ছামি ভেল্লুৰ মৃত্যুত শোকাহত হৈছো। তেওঁৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো। ঔম শান্তি।”
মালয়েছিয়াৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী টুন ডঃ এছ. ছামি ভেল্লুৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A7%B0-%E0%A6%8F%E0%A6%9B%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%95%E0%A6%BE%E0%A6%AA-%E0%A6%9C%E0%A7%9F-%E0%A6%95%E0%A7%B0%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A7%B0-%E0%A6%8F%E0%A6%9B%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%95%E0%A6%BE%E0%A6%AA-%E0%A6%9C%E0%A7%9F-%E0%A6%95%E0%A7%B0%E0%A6%BE/
‘সপ্তম মহিলা এছীয়া কাপ’ জয় কৰা ‘ভাৰতীয় মহিলা ক্ৰিকেট’ দলক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিল’ৰ এটা ‘টুইট’ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়; “আমাৰ মহিলা ক্ৰিকেট দলে তেওঁলোকৰ দৃঢ়তা আৰু দক্ষতাৰে আমাক গৌৰৱান্বিত কৰিছে। ‘মহিলা এছীয়া কাপ’ জয় কৰাৰ বাবে দলটোক অভিনন্দন জ্ঞাপন কৰিছো। তেওঁলোকে অনবদ্য দক্ষতা আৰু দলগত প্ৰদৰ্শন দাঙি ধৰিলে। খেলুৱৈ সকলক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰয়াসসমূহৰ বাবে শুভকামনা জনালো”।
‘মহিলাৰ এছীয়া কাপ’ জয় কৰা ‘ভাৰতীয় মহিলা ক্ৰিকেট’ দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%83%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%A3%E0%A7%80%E0%A6%AC%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%83%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%A3%E0%A7%80%E0%A6%AC%E0%A6%BF/
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত আজি কেন্দ্ৰীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে ভাৰত চৰকাৰৰ তিনিটা বিশেষ প্ৰস্তাৱলৈ যাৱতীয় অনুমোদন প্ৰদান কৰে কেবিনেটে। এই বিশেষ তিনিটা প্ৰস্তাৱ ক্ৰমে ক) চিহ্ন পঞ্জীয়ণৰ উদ্দেশ্যৰ বাবে পণ্য আৰু সেৱাৰ আন্তঃৰাষ্ট্ৰীয় শ্ৰেণীবিভাজন সন্দৰ্ভত ‘দ্য নাইচ’ চুক্তি সংযোজন, খ) চিহ্নৰ আলংকৰিক কাৰকসমূহৰ আন্তঃৰাষ্ট্ৰীয় শ্ৰেণীবিভাজন প্ৰতিষ্ঠা কৰিবৰ বাবে ‘দ্য ভিয়েনা’ চুক্তি সংযোজন, আৰু গ) ঔদ্যোগিক ডিজাইনসমূহৰ বাবে ‘দ্য লোকাৰ্ণো’ চুক্তি সংযোজন। এই নাইচ, ভিয়েনা আৰু লোকাৰ্ণো চুক্তিৰ সংযোজনে ভাৰতত থকা বৌদ্ধিক সম্পত্তি কাৰ্যালয়ক যথেষ্ট সহায় কৰিব, বিশেষকৈ সমগ্ৰ বিশ্বতে চলি থকা শ্ৰেণীবিভাজন পদ্ধতিৰ সৈতে সামঞ্জস্য ৰাখি ট্ৰেডমাৰ্ক আৰু ডিজাইন এপ্লিকেশ্যনৰ বাবে শ্ৰেণীবিভাজন পদ্ধতিসমূহ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত এই সংযোজনে অতি ফলপ্ৰসূ ভুমিকা পালন কৰিব। এই চুক্তি সংযোজনে আন্তঃৰাষ্ট্ৰীয় শ্ৰেণীবিভাজন পদ্ধতিত ভাৰতীয় ডিজাইন, আলংকৰিক কাৰক আৰু পণ্যসামগ্ৰীসমূহক অন্তৰ্ভুক্ত কৰাৰ বাবে এক সুবিধা প্ৰদান কৰিব। এই চুক্তি সংযোজনে ভাৰতত বৌদ্ধিক সম্পত্তিৰ সুৰক্ষাকবচৰ ক্ষেত্ৰত বিদেশী বিনিয়োগকাৰীসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰিব বুলি ধাৰণা কৰা হৈছে। ইফালে এই চুক্তিকেইখনে ইয়াৰ পৰিসৰৰ ভিতৰত শ্ৰেণীবিভাজনৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা সম্বন্ধে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত বিশেষাধিকাৰ প্ৰদান কৰিব।
আন্তঃৰাষ্ট্ৰীয় শ্ৰেণীবিভাজন পদ্ধতি সন্দৰ্ভত তিনিখনকৈ চুক্তিৰ প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%A3%E0%A6%BF%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A8-%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A7%9F%E0%A6%A3%E0%A7%80/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%A3%E0%A6%BF%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A8-%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A7%9F%E0%A6%A3%E0%A7%80/
কাৰ্যক্ৰমত উপস্থিত থকা মণিপুৰৰ ৰাজ্যপাল লা গণেশন জী, মুখ্যমন্ত্ৰী শ্ৰী এন বিৰেণ সিং জী, উপ মুখ্যমন্ত্ৰী ওৱাই জয়কুমাৰ সিং জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলত মোৰ সহযোগী ভূপেন্দ্ৰ যাদৱ জী, ৰাজকুমাৰ ৰঞ্জন সিং জী, মণিপুৰ চৰকাৰৰ মন্ত্ৰী বিশ্বজিত্ সিং জী, লোছী দিখো জী, লেত্পাও হাঅকীপ জী, এবাংগবাও ন্যুমাই জী, এছ ৰাজেন সিং জী, বুংগজাগিন ৱাল্তে জী, সত্যব্ৰত্ সিং জী, ও লুখোই সিং জী, সংসদত মোৰ সহযোগীসকল, বিধায়কসকল, অন্য জনপ্ৰতিনিধিসকল, আৰু মণিপুৰৰ মোৰ প্ৰিয় ভাই-ভনীসকল! খুৰুমজৰী! মই মণিপুৰৰ মহান ভূমিখণ্ডক, ইয়াৰ ৰাইজক, আৰু ইয়াৰ গৌৰৱশালী সংস্কৃতিক শিৰ নত কৰি প্ৰণাম জনাইছো। বছৰৰ আৰম্ভণিতে মণিপুৰলৈ আহি, আপোনালোকৰ সৈতে মিলিত হৈ, আপোনালোকৰ পৰা ইমানকৈ আদৰ পাই, আশীৰ্বাদ লাভ কৰিছো, জীৱনত ইয়াতকৈ আৰু ডাঙৰ আনন্দ কি হ’ব পাৰে বাৰু? আজি মই যেতিয়া বিমানবন্দৰত অৱতৰণ কৰিছিলোহি, তাৰ পৰা এইখিনি পৰ্যন্ত প্ৰায় ৬-১০ কিলোমিটাৰৰ এইছোৱা পথত সম্পূৰ্ণ ৰূপেই মণিপুৰৰ ৰাইজে উত্সাহৰে পৰিপূৰ্ণ কৰি তুলিলে, ৰঙৰে ৰঙাই তুলিললে, একপ্ৰাকাৰে মানৱ-শংখল, ৮-১০কিলোমিটাৰৰ মানৱ-শৃংখল, এয়া চৰকাৰ, এয়া আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদক মই কেতিয়াও পাহৰিব নোৱাৰিম। আপোনালোক আটাইকে মই ২০২২ চনৰ বাবে বহুত বহুত শুভকামনা জনাইছো। বন্ধুসকল, আজিৰ পৰা কেইটামান দিনৰ পিচত অৰ্থাত্ ২১ জানুৱাৰীত মণিপুৰে ৰাজ্য হিচাপে পৰিচিতি লাভ কৰাৰ ৫০টা বছৰ পূৰ্ণ হ’ব। দেশে এই সময়ত স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে ‘অমৃত মহোত্সৱ’ উদযাপন কৰি আছে। এইটো সময় স্বত্ঃস্ফূৰ্ত ভাবেই বহুত ডাঙৰ প্ৰেৰণাদায়ক সময়। মণিপুৰ তেনে এখন ৰাজ্য য’ত ৰাজা ভাগ্য চন্দ্ৰ আৰু খেতিন্থাং সিথলোৰ দৰে বীৰে জন্মগ্ৰহণ কৰিছিল। দেশৰ ৰাইজৰ মাজত স্বাধীনতাৰ যি বিশ্বাস, ইয়াত মোইৰাং-ৰ ভূমিয়ে সৃষ্টি কৰিছিল, সেয়াও দৰাচলতেই এক নিদৰ্শন। য’ত নেতাজী সুভাষ চন্দ্ৰৰ সেনাই প্ৰথমবাৰ ধ্বজা উত্তোলন কৰিছিল, যি উত্তৰ-পূৰ্বাঞ্চলক নেতীজীয়ে ‘ভাৰতৰ স্বন্ত্ৰতাৰ প্ৰৱেশ দ্বাৰ’ বুলি অভিহিত কৰিছিল, সেই মণিপুৰে আজি ‘নতুন ভাৰতৰ সপোন সাকাৰ কৰাৰ প্ৰৱেশ দ্বাৰ’ হিচাপে চিহ্নিত হ’বলৈ আগবাঢ়িছে। মই আগতেও কৈছো যে দেশৰ পূব অংশটো, উত্তৰ-পূৰ্বাঞ্চল, ভাৰতৰ বিকাশৰ মুখ্য স্ৰোত হৈ উঠিব। আজি আমি দেখিছো কেনেকৈ মণিপুৰ আৰু উত্তৰ-পূৰ্বাঞ্চলে ভাৰতৰ ভৱিষ্যতক ৰঙৰে ৰঙাই তুলিছে। বন্ধুসকল, আজি ইয়াত একেলগে ইমানবোৰ পৰিযোজনাৰ শিলান্যাস আৰু উদ্বোধন কৰা হ’ল। বিকাশৰ এয়া এটা এটা মণি, যাৰ মালাই মণিপুৰৰ ৰাইজৰ জীৱন সহজ কৰি তুলিব, সনা লাইবাক মণিপুৰৰ সমৃদ্ধি আৰু বৃদ্ধি কৰিব। ইম্ফলৰ ‘ইণ্টিগ্ৰেটেড কমাণ্ড’ আৰু ‘কণ্ট্ৰোল চেণ্টাৰ’ৰ পৰা চহৰখনৰ সুৰক্ষাও বাঢ়িব আৰু সুবিধাসমূহো বিস্তাৰিত হ’ব। বৰাক নদীৰ দলঙৰ জৰিয়তে মণিপুৰৰ জীৱনৰেখাক এক নতুন ‘অল ৱে’ডাৰ কানেক্টিভিটী’ উপলব্ধ হৈছে। ‘থৌবাল বহুমুখী প্ৰকল্প’’ৰ লগতে টামেংলাংত ‘পানী যোগান আঁচনি’-ৰ দ্বাৰাও এই দুৰ্গম জিলাখনৰ সকলো লোকৰ বাবে বিশুদ্ধ পানীৰ ব্যৱস্থা কৰা হৈছে। বন্ধুসকল, মনত পেলাওকচোন, কেইটামান বছৰৰ আগলৈকে মণিপুৰত নলৰে পানীৰ যোগানৰ সুবিধা কিমান কম আছিল। কেৱল ৬% লোকৰ ঘৰলৈহে পাইপৰে পানী গৈছিল। কিন্তু আজি ‘জল জীৱন মিছন’-ক মণিপুৰৰ প্ৰতিগৰাকী ব্যক্তিৰ কাষলৈ লৈ যোৱাৰ বাবে বীৰেন সিং জীৰ চৰকাৰে দিন-ৰাতি একাকাৰ কৰি দিছে। আজি মণিপুৰৰ ৬০% ঘৰলৈ পাইপৰে পানীৰ যোগান সম্ভৱ কৰা হৈছে। অনতি বিলম্বে মণিপুৰে ১০০% ‘ছেশ্যুৰেশ্যন’-ৰ সৈতে ‘হৰ ঘৰ জল’-ৰ লক্ষ্য সম্ভৱ কৰিব পাৰিব। এয়াই ‘ডাবল ইঞ্জিন’ চৰকাৰৰ লাভ, ‘ডাবল ইঞ্জিন’ৰ চৰকাৰৰ শক্তি। বন্ধুসকল, আজি যিসমূহ যোজনাৰ শিলান্যাস কিম্বা উদ্বোধন কৰা হৈছে, তাৰ সৈতে মই আজি মণিপুৰৰ ৰাইজক পুনৰবাৰ ধন্যবাদো জনাম। আপোনালোকে মণিপুৰত এনে এক সুস্থিৰ চৰকাৰ গঠন কৰি দিলে যি সম্পূৰ্ণ সংখ্যা গৰিস্থতাৰে, সম্পূৰ্ণ বল-শক্তিৰে চলি আছে। এয়া কেনেকৈ সম্ভৱ হ’ল- এয়া আপোনালোকৰ এটি ভোটৰে সম্ভৱ হৈছে। আপোনালোকৰ এটি ভোটৰ শক্তিয়ে, মণিপুৰত সেই কাম কৰি দেখুৱালে; যাৰ কল্পনা আগতে কৰিবও পৰা নাছিল। এয়া আপোনালোকৰ এটা ভোটৰেইহে শক্তি, যাৰ সুবাদত মণিপুৰৰ ৬লাখ খেতিয়কে ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’-ৰ মাধ্যমৰে বহু শ কোটি টকা লাভ কৰিব পাৰিলে। আৰু মই অলপ আগতে এনে বহু কেইগৰাকী হিতাধিকাৰীৰে কথা পতাৰ সুযোগ পাইছিলো, তেওঁলোকৰ আত্মবিশ্বাস, তেওঁলোকৰ উত্সাহ সঁচাকৈয়ে চাবলগীয়া আছিল। এই সকলোবোৰ আপোনালোকৰ মাত্ৰ এটা ভোটৰ শক্তিৰেই সম্ভৱ হৈছে, যাৰ সুবাদত মণিপুৰৰ ৬লাখ পৰিয়ালে ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা’-ৰ, ‘বিনামূলীয়া ৰেচন’ৰ সুবিধা লাভ কৰিব পাৰিছে। ‘প্ৰধানমন্ত্ৰী আবাস যোজনা’ৰ আধাৰত প্ৰায় ৮০ হাজাৰ ঘৰলৈ অনুমোদন জনোৱা, এয়াও আপোনালোকৰ এটা ভোটৰ শক্তিৰে মহত্ব। ইয়াৰ ৪ লাখ ২৫ হাজাৰৰো অধিক লোকে ‘আয়ুষ্মান ভাৰত যোজনা’ৰ আধাৰত হাস্পটালত বিনামূলীয়া চিকিত্সা লাভ কৰা, আপোনালোকৰ এটা ভোটৰ সুবাদতে সম্ভৱ হৈছে। আপোনালোকৰ এটা ভোটে ডেৰ লাখ পৰিয়ালক বিনামূলীয়াকৈ গেছৰ সংযোগ দিয়ালে, আপোনালোকৰ এটা ভোটে ১ লাখ ৩০ হাজাৰ ঘৰক বিনামূলীয়া বিজুলীৰ সংযোগ দিয়ালে। আপোনালোকৰ এটা ভোটে ‘স্বচ্ছ ভাৰত অভিযান’ৰ আধাৰত ৩০ হাজাৰৰো অধিক ঘৰত শৌচালয় নিৰ্মাণ কৰি দিয়ালে। এয়া আপোনালোকৰ এটা ভোটৰেই শক্তি যে ক’ৰোনাৰে মোকাবিলা কৰাৰ বাবে ইয়াত ৩০ লাখতকৈয়ো অধিক পালি প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদান কৰিবলৈ সক্ষম হ’ল। আজি মণিপুৰৰ প্ৰতিখন জিলাত ‘অক্সিজেন প্ৰকল্প’ও নিৰ্মাণ কৰা হৈছে। এই সকলোবোৰ আপোনালোকৰ এটা ভোটেই সম্ভৱ কৰিছে। মই আপোনালোক সকলো মণিপুৰবাসীকে এনে বহু সাফল্য অৰ্জন কৰাৰ বাবে অভিনন্দন জনাইছো। মই মুখ্যমন্ত্ৰী বীৰেন সিং জী আৰু তেওঁৰ চৰকাৰখনকো বহুত বহুত অভিনন্দন জনাইছো, তেওঁলোকে মণিপুৰৰ বিকাশৰ বাবে ইমানকৈ পৰিশ্ৰম কৰি আছে। বন্ধুসকল, এটা সময় আছিল যেতিয়া মণিপুৰক আগৰ চৰকাৰসমূহে পৰিস্থিতিৰ ভৰসাত চলিবলৈ এৰি দিছিল। যি চৰকাৰ দিল্লীত আছিল, তেওঁলোকে ভাবিছিল যে কোনে ইমান সমস্যা মূৰ পাতি ল’ব, কোন ইমান দূৰ আহিব। যেতিয়া নিজৰ মানুহৰ প্ৰতিয়েই এনে দৃষ্টিভংগী গ্ৰহণ কৰিব, তেতিয়াতো দূৰত্ব বাঢ়িবই। মই যেতিয়া প্ৰধানমন্ত্ৰী হোৱাই নাছিলো, তাৰ আগতেও অনেক বাৰ মণিপুৰলৈ আহিছিলো। মই জানিছিলো আপোনালোকৰ হৃদয়ত কি কথাই বেদনা দি আহিছে। আৰু সেয়ে ২০১৪ৰ পিচত মই দিল্লীখনকে, সম্পূৰ্ণ দিল্লীখনকে, ভাৰত চৰকাৰখনকে আপোনালোকৰ দুৱাৰমুখলৈ লৈ আহিলো। নেতাই হওক, মন্ত্ৰীয়েই হওক, বিষয়াই হওক, মই সকলোকে কৈছিলো যে এইটো অঞ্চললৈ আহক, দীঘলীয়াকৈ সময় অতিবাহিত কৰক আৰু ইয়াৰ প্ৰয়োজনীয়তাসমূহ হৃদয়ংগম কৰি পৰিকল্পনা যুগুতোৱাৰ ব্যৱস্থা কৰক। আৰু ভাবটো এয়া নাছিল যে আপোনালোকক কিবা দিব লাগে। ভাবটো এয়া আছিল যে আপোনালোকৰ সেৱক হৈ যিমান পাৰি আপোনালোকৰ বাবে, মণিপুৰৰ বাবে, উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সম্পূৰ্ণ সমৰ্পণৰে, সম্পূৰ্ণ সেৱাৰ মনোভৱৰে কাম কৰাৰহে। আৰু আপোনালোকে নিশ্চয় দেখিছেই, আজি কেন্দ্ৰীয় মন্ত্ৰী মণ্ডলত উত্তৰ-পূৰ্বাঞ্চলৰ পাঁচগৰাকী অগ্ৰণী ব্যক্তিয়ে দেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ৰ দায়িত্ব চম্ভালি আছে। বন্ধুসকল, আজি আমাৰ চৰকাৰৰ সাত বছৰৰ পৰিশ্ৰমৰ ফল উত্তৰ-পূৰ্বাঞ্চলত দেখিবলৈ পোৱা গৈছে, মণিপুৰত দেখিবলৈ পোৱা গৈছে। আজি মণিপুৰ পৰিৱৰ্তনৰ, এক নতুন কৰ্ম-সংস্কৃতিৰ প্ৰতীক হৈ উঠিছে। এই পৰিৱৰ্তন মণিপুৰৰ সংস্কৃতিৰ বাবে, সুৰক্ষাৰ বাবে, ইয়াত যোগাযোগকো প্ৰাথমিকতা দিয়া হৈছে, আৰু সৃষ্টিশীলতাৰো সিমানেই গুৰুত্ব আছে। পথ আৰু আন্তঃগাঁথনি নিৰ্মাণৰে জড়িত প্ৰকল্প, উন্নত ‘মোবাইল নেটৱৰ্ক’-য়ে মণিপুৰৰ ‘কানেক্টিভিটী’ক উন্নত কৰি তুলিব। ‘ছী-ত্ৰিপল আইটি’-য়ে ইয়াৰ যুৱক-যুৱতীসকলৰ সৃষ্টিশীলতা আৰু উদ্ভাৱনশীলতাৰ ‘স্পিৰিট’-ক আৰু শক্তিশালী কৰি তুলিব। আধুনিক ‘কেন্সাৰ হাস্পটাল’, গুৰুতৰ অসুখ-বিসুখৰ পৰা সুৰক্ষা আৰু চিকিত্সাৰ বাবে মণিপুৰৰ ৰাইজৰ সুৰক্ষাৰ ক্ষেত্ৰত সহায়ক হ’ব। ‘মণিপুৰ পৰিৱেশ্য কলা প্ৰতিষ্ঠান’-ৰ স্থাপন আৰু গোবিন্দজী মন্দিৰৰ জীৰ্ণোদ্ধাৰে মণিপুৰী সংস্কৃতিক সংৰক্ষৰণ প্ৰদান কৰিব। বন্ধুসকল, উত্তৰ-পূৰ্বাঞ্চলৰ এইছোৱা ভূমিত ৰাণী গাইডালুয়ে বিদেশীক ভাৰতীয় নাৰীৰ শক্তি দৰ্শন কৰাইছিল, ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। ‘ৰাণী গাইডালু যাদুঘৰ’য়ে আমাৰ যুৱ-প্ৰজন্মক অতীতৰে সংযোজিত কৰিব আৰু তেওঁলোকক প্ৰেৰণা দিব। কিছু দিনৰ আগতে আমাৰ চৰকাৰে আন্দামান নিকোবৰৰ ‘মাউণ্ট হেৰিয়ট’ -আন্দামান নিকোবৰৰ এটি দ্বীপ যাক ‘মাউণ্ট হেৰিয়ট’ নামৰে অভিহিত কৰা হৈছিল। স্বাধীনতাৰ ৭৫সংখ্যক বছৰৰ পিচতো মানুহে ইয়াক ‘মাউণ্ট হেৰিয়ট’য়ে বুলি কৈ আহিছিল, কিন্তু আমি সেই ‘মাউণ্ট হেৰিয়ট’ৰ নাম সলনি কৰি ‘মাউণ্ট মণিপুৰ’ বুলি নতুনকৈ নামাংকিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। এতিয়া পৃথিৱীৰ যিকোনো পৰ্যটকেই আন্দামান নিকোবৰলৈ গ’লে ‘মাউণ্ট মণিপুৰ’নো কি হয়, তাৰ ইতিহাসনো কি আছিল, সেইবোৰ কথা জনাৰ প্ৰয়াস কৰিব। উত্তৰ-পূৰ্বাঞ্চল সন্দৰ্ভত আগৰ চৰকাৰসমূহৰ নিৰ্দ্ধাৰিত নীতি আছিল, আৰু সেই নীতি কি আছিল, সেই নীতি আছিল- ‘ডুণ্ট লুক ইষ্ট’। পূৰ্বোত্তৰৰ ফালে দিল্লীয়ে তেতিয়াহে চাবলৈ লৈছিল যেতিয়া ইয়াত নিৰ্বাচন অনুষ্ঠিত হৈছিল। কিন্তু আমি পূৰ্বোত্তৰৰ বাবে ‘এক্ট ইষ্ট’-ৰ নীতি গ্ৰহণ কৰিছিলো। ঈশ্বৰে এইডোখৰ ক্ষেত্ৰক ইমানবোৰ প্ৰাকৃতিক সংসাধনৰে সমৃদ্ধ কৰিছে, ইমানবোৰ সামৰ্থ্য প্ৰদান কৰিছে। ইয়াত বিকাশৰ, পৰ্যটনৰ ইমানযে সম্ভাৱনা আছে। উত্তৰ-পূৰ্বাঞ্চলৰ এই সম্ভাৱনাক লৈ এতিয়া কাম কৰি থকা হৈছে। পূৰ্বোত্তৰ এতিয়া ‘ভাৰতৰ বিকাশৰ প্ৰৱেশদ্বাৰ’ হৈ উঠিছে। এতিয়া পূৰ্বোত্তৰত বিমানবন্দৰসমূহ নিৰ্মাণ কৰা হৈছে, আৰু ৰে’লৰ সংযোগো স্থাপিত হৈছে। ‘জিৰিবাম-তুপুল-ইম্ফল’ ৰে’লপথৰ জৰিয়তে মণিপুৰো এতিয়া দেশৰ ‘ৰে’ল নেটৱৰ্ক’ৰে সংযোজিত হ’বলৈ ওলাইছে। ‘ইম্ফল-মোৰে ঘাইপথ’ অৰ্থাত্, ‘এছীয়ান হাইৱে-১’-ৰ কামো দ্ৰুত গতিৰে আগবাঢ়ি আছে। এই ঘাইপথে দক্ষিণ-পূব এছীয় দেশসমূহৰে ভাৰতৰ যোগাযোগ ব্যৱস্থাৰ শক্তি বৰ্দ্ধন কৰিব। আগতে যেতিয়া ৰপ্টানীৰ কথা পতা হৈছিল, তেতিয়া দেশৰ কেইখনমান আঙুলি মূৰত গণিব পৰা চহৰ নামহে চকুৰ সন্মুখলৈ আহিছিল। কিন্তু এতিয়া, ‘ইণ্টিগ্ৰেটেড কাৰ্গো টাৰ্মিনেল’-ৰ জৰিয়তে মণিপুৰো বেহা-বেপাৰ আৰু ৰপ্টানীৰ এক বৃহত্ কেন্দ্ৰ হৈ উঠিব, ‘আত্মনিৰ্ভৰ ভাৰত’ক গতি প্ৰদান কৰিব। আৰু কালি দেশবাসীয়ে খবৰ শুনিবলৈ পাইছে, স্বাধীনতাৰ পিচত প্ৰথম বাৰ কালি দেশে ৩০০ বিলিয়ন ডলাৰৰ ৰপ্টানী কৰি এক নতুন অভিলেখ ৰচনা কৰিলে। সৰু-সৰু ৰাজ্যও এই ক্ষেত্ৰত আগবাঢ়ি আহিছে। বন্ধুসকল, আগতে মানুহে পূৰ্বোত্তৰলৈ আহিব বিচাৰিছিল, পিচে ইয়ালৈ আহিব কেনেকৈ, এই কথা ভাবিয়েই থমকি ৰৈ যাবলগীয়া হৈছিল। ইয়াৰ ফলত ইয়াৰ পৰ্যটন, ‘টুৰিজম খণ্ড’ৰ বহুত লোকচান হ’বলগীয়া হৈছিল। কিন্তু এতিয়া পূৰ্বোত্তৰৰ চহৰাঞ্চলেই নহয়, বৰঞ্চ, গাঁও পৰ্যন্ত যোৱাটো সহজ হৈ উঠিছে। আজি ইয়াত বিশাল সংখ্যাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কামো আগবাঢ়িলৈ ধৰিছে, আৰু গাঁৱতো ‘প্ৰধামন্ত্ৰী গ্ৰাম চড়ক যোজনা’ৰ আধাৰত শ শ কিলোমিটাৰ নতুন পথৰ নিৰ্মাণ হৈ আছে। প্ৰাকৃতিক গেছৰ পাইপলাইন-ৰ দৰে যিবোৰ সা-সুবিধা কেতবোৰ নিৰ্দিষ্ট ক্ষেত্ৰৰহে বিশেষাধিকাৰ বুলি গণ্য কৰি অহা হৈছিল, সেয়াই এতিয়া পূৰ্বোত্তৰ পৰ্যন্ত উপস্থিত হৈছেহি। বৰ্দ্ধিত এইবোৰ সা-সুবিধা, বৰ্দ্ধিত এইবোৰ ‘কানেক্টিভিটী’য়ে ইয়াত পৰ্যটন সম্ভাৱনা বৃদ্ধি কৰিব, এই অঞ্চলৰ নজোৱানসকলৰ বাবে জীৱিকাৰ নতুন নতুন সুযোগ উলিয়াব। বন্ধুসকল, মণিপুৰ দেশৰ বাবে এটাৰ পিচত এটা ৰত্ন আগবঢ়োৱা ৰাজ্য হিচাপে পৰিগণিত হৈ আহিছে। ইয়াৰ যুৱক-যুৱতীসকলে, আৰু বিশেষকৈ মণিপুৰৰ জীয়ৰীসকলে সমগ্ৰ পৃথিৱীতে ভাৰতৰ পতাকা উত্তোলিত কৰি আহিছে, গৰ্বৰে দেশৰ শিৰ উন্নত কৰি আহিছে। বিশেষ কৰি আজি দেশৰ নজোৱাসকলে মণিপুৰৰ খেলুৱৈসকলৰ পৰা প্ৰেৰণা গ্ৰহণ কৰি আহিছে। কমনৱে’ল্থ খেলৰ পৰা আৰম্ভ কৰি অলিম্পিক পৰ্যন্ত, ‘ৰেস্লিং’, ‘আৰ্ছাৰী’, ‘বক্সিং’, আৰু ‘ৱেইটলিফ্টিং’-লৈকে মণিপুৰে এছ চি মেৰীকম, মীৰাবাঈ চাণু,, বোম্বেলা দেৱী, লায়শ্ৰম সৰিতা দেৱীৰ দৰে কিমানবোৰ যে ডাঙৰ ডাঙৰ নাম, এই সকল ডাঙৰ ডাঙৰ চেম্পিয়ণক আগবঢ়াই দিছে। আপোনালোকৰ হাতত এনে কিমান যে প্ৰতিভাধৰ আছে, যিসকলে, যদি ভাল প্ৰতিপালন আৰু সংসাধন লাভ কৰে তেন্তে, তেওঁলোকে নিতান্তই অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰিব। ইয়াত আমাৰ যুৱক-যুৱতীসকলৰ, আমাৰ জীয়ৰীসকলৰ মাজত এনে প্ৰতিভাধৰ ভৰি আছে। সেয়ে আমি মণিপুৰত আধুনিক ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰিছো। এই বিশ্ববিদ্যালয়ে যুৱ-প্ৰজন্মক কেৱল তেওঁলোকৰ সপোনকে পূৰণ কৰাত সহায় নকৰে, বৰঞ্চ খেলৰ পৃথিৱীখনত ভাৰতকো এক নতুন পৰিচিতি প্ৰদান কৰিব। এয়া দেশৰ নতুন ‘স্পিৰিট’, নতুন উদ্যম, যাৰ নেতৃত্ব এতিয়া আমাৰ যুৱক, আমাৰ জীয়ৰীহঁতে কৰিব। বন্ধুসকল, কেন্দ্ৰীয় চৰকাৰে ‘পাম অয়ল’ সম্পৰ্কত আৰম্ভ কৰা ‘ৰাষ্ট্ৰীয় মিছন’-ৰ জৰিয়তেও উত্তৰ-পূৰ্বাঞ্চল বাৰুকৈয়ে লাভান্বিত হ’ব। আজিৰ তাৰিখত ভাৰতে নিজৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ বিদেশৰ পৰা বৃহত্ পৰিমাণে ‘পাম অয়ল’ আমদানী কৰে। ইয়াৰ বাবে বহু হাজাৰ কোটি টকা খৰছ কৰিবলগীয়া হয়। এইখিনি পইচা ভাৰতৰ খেতিয়কসকলে যাতে পাব পাৰে, খোৱা তেলৰ ক্ষেত্ৰতো ভাৰত আত্মনিৰ্ভৰ হোৱাৰ বাবে আমি প্ৰয়াস অব্যাহত ৰাখিছো। ১১ হাজাৰ কোটি টকাৰ এই ‘পাম অয়ল মিছন’-ৰ জৰিয়তে খেতিয়কসকলৰ আয় বঢ়োৱাৰ ক্ষেত্ৰত বহুত সহায়ক হ’ব। আৰু ইয়াৰ সৰহ ভাগেই উত্তৰ-পূৰ্বাঞ্চলৰ হ’ব বুলি ভবা গৈছে। মণিপুৰতো এই ক্ষেত্ৰত দ্ৰুত গতিৰে কাম কৰি থকা হৈছে। ‘পাম অয়ল’ লগোৱাৰ বাবে, নতুন কল স্থাপন কৰাৰ বাবে চৰকাৰে আৰ্থিক সহযোগিতাও আগবঢ়াই আহিছে। বন্ধুসকল, আজি মণিপুৰে লাভ কৰা সাফল্যক লৈ গৌৰৱ কৰাৰ লগতে আমি এই কথাও মনত ৰখা উচিত হ’ব যে এতিয়াও আমি এক দীঘলীয়া যাত্ৰা সম্পূৰ্ণ কৰিবলৈ আছে। আৰু আমি এই যাত্ৰা ক’ৰ পৰা আৰম্ভ কৰিছিলো সেই কথাও একে সময়তে মনত ৰাখিব লাগিব। আমি মনত ৰাখিব লাগিব যে আমাৰ মণিপুৰক আগৰ চৰকাৰসমূহে ‘ব্লকেড ষ্টেট’ কৰিয়েই ৰাখিছিল, চৰকাৰসমূহৰ দ্বাৰা পাহাৰ আৰু উপত্যকাৰ মাজত ৰাজনৈতিক লাভালাভৰ বাবে খাল খন্দাৰ কাম কৰা হৈছিল। আমি মনত ৰাখিব লাগিব যে মানুহৰ মাজত ব্যৱধান বৃদ্ধি কৰাৰ বাবে কেনেকুৱা কেনেকুৱা ষড়যন্ত্ৰ কৰা হৈছিল। বন্ধুসকল, আজি ‘ডাবল ইঞ্জিন’ৰ চৰকাৰৰ নিৰন্তৰ প্ৰয়াসৰ সুবাদত এইটো অঞ্চলৰ পৰা উগ্ৰবাদ আৰু অসুৰক্ষাৰ অগনি নুমাবলৈ ধৰিছে, বৰঞ্চ শান্তি আৰু বিকাশৰ কিৰণহে উদ্ভাসিত হ’বলৈ ধৰিছে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত কেইবাশ নজোৱানে, অস্ত্ৰ ত্যাগ কৰি বিকাশৰ মুখ্যধাৰাত বিলীন হৈছেহি। যি বুজাবুজি চুক্তিৰ বাবে দশকৰ পিচত দশক ধৰি অপেক্ষা কৰি অহা হৈছিল, আমাৰ চৰকাৰে সেই ঐতিহাসিক চুক্তিও কৰি দেখুৱালে। মণিপুৰ এতিয়া ‘ব্লকেড ষ্টেট’-ৰ পৰা আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে পথ মোকলাই দিয়া ৰাজ্য হিচাপে চিহ্নিত হৈ উঠিছে। আমাৰ চৰকাৰে পাহাৰ আৰু উপত্যকাৰ মাজত খন্দা খাল পোতাৰ বাবে ‘গ’ টু হিল’ আৰু ‘গ’ টু ভিলেজ’-ৰ দৰে অভিযান চলাইছে। এই প্ৰয়াসসমূহৰ মাজত, আপোনালোকে মনত ৰাখিব লাগিব যে কিছু সংখ্যক লোকে ক্ষমতা দখল কৰাৰ বাবে মণিপুৰক আকৌ এবাৰ অস্থিৰ কৰাৰ অপচেষ্টা কৰিব বিচাৰিছে। অশান্তিৰ বীজ সিঁচিবলৈকে এইসকল লোকে সুযোগৰ বাবে আশা পালি আছে। মোৰ ভাল লাগিছে যে মণিপুৰৰ ৰাইজে কিন্তু এইসকল লোকক চিনি পেলাইছে। এতিয়া মণিপুৰৰ ৰাইজে, ইয়াৰ বিকাশৰ গতি ৰুদ্ধ কৰিবলৈ নিদিব, মণিপুৰক পুনৰাই অন্ধকাৰলৈ আগবাঢ়ি যাবলৈ নিদিয়ে। বন্ধুসকল, আজি দেশে ‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস’-ৰ মন্ত্ৰ আওৰাই আগবাঢ়ি আছে। আজি দেশে ‘সকলোৰে প্ৰয়াস’ৰ ভাৱনাৰে একত্ৰে কাম কৰি আছে, সকলোৰে বাবে কাম কৰি আছে, সকলোৰে মংগলৰ বাবে কাম কৰি আছে। ২১শতিকাৰ এইটো দশক মণিপুৰৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। আগৰ চৰকাৰসমূহে বহুত সময় অবাবতে নষ্ট কৰিলে। এতিয়া আমি এটা পলো বিনষ্ট হ’বলৈ দিব নোৱাৰো। আমি মণিপুৰত সুস্থিৰতাও অক্ষুন্ন ৰাখিব লাগিব আৰু মণিপুৰক বিকাশৰ নতুন উচ্চতালৈও লৈ যাব লাগিব। আৰু এই কাম, ‘ডাবল ইঞ্জিন’ৰ চৰকাৰেহে কৰিব পাৰিব। মোৰ সম্পূৰ্ণ বিশ্বাস আছে, মণিপুৰে এই দৰেই ‘ডাবল ইঞ্জিন’-ৰ চৰকাৰক আশীৰ্বাদ প্ৰদান কৰি যাব। আকৌ এবাৰ আজিৰ অনেক উন্নয়ণী পৰিযোজনাৰ বাবে মণিপুৰবাসীক, মণিপুৰৰ প্ৰিয় ভাই-ভনীসকললৈ বহুত বহুত শুভকামনা জনাই সামৰিছো। থাগতছৰী!!! ভাৰত মাতা কী- জয়!! ভাৰত মাতা কী- জয়!! ভাৰত মাতা কী- জয়!! বহুত বহুত ধন্যবাদ!
মণিপুৰত বিভিন্ন উন্নয়ণী প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE-10/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE-10/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তাপীৰ ভায়াৰাত ১৯৭০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক পদক্ষেপৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে সপুতাৰাৰ পৰা ষ্টেচু অব্ ইউনিটিলৈ যোৱা পথৰ উন্নতিৰ লগতে মিচিং লিংক নিৰ্মাণ, আৰু তাপী আৰু নৰ্মদা জিলাত ৩০০ কোটি টকাৰ অধিক মূল্যৰ পানী যোগান প্ৰকল্প। অনুষ্ঠানত উপস্থিত থকা জনসাধাৰণৰ উৎসাহ আৰু মৰমৰ কথা স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ দুটা দশক ধৰি তেওঁলোকৰ মৰম লাভ কৰি ধন্য অনুভৱ কৰিছে। তেওঁ কয়, "আপোনালোক সকলো দূৰদূৰণিৰ পৰা ইয়ালৈ আহিছে। আপোনালোকৰ শক্তি, আপোনালোকৰ উৎসাহ দেখি, মন সুখী হয় আৰু মোৰ শক্তিৰ স্তৰ বৃদ্ধি পায়"। "মই চেষ্টা কৰি আছোঁ", "আপোনালোকৰ বিকাশৰ বাবে আন্তৰিকতাৰে কাম কৰি এই ঋণ পৰিশোধ কৰিবলৈ" তেওঁ এইদৰে কয়। আজিও তাপী আৰু নৰ্মদাকে ধৰি এই সমগ্ৰ জনজাতীয় অঞ্চলটোৰ উন্নয়নৰ সৈতে সম্পৰ্কিত শ শ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে।" প্ৰধানমন্ত্ৰীয়ে কয় যে জনজাতীয় স্বাৰ্থ আৰু জনজাতীয় সম্প্ৰদায়ৰ কল্যাণ সন্দৰ্ভত দেশখনে দুই ধৰণৰ ৰাজনীতি দেখিছে। এফালে, এনে কিছুমান দল আছে যিয়ে জনজাতীয় স্বাৰ্থৰ প্ৰতি গুৰুত্ব নিদিয়ে আৰু জনজাতীয় লোকসকলক মিছা প্ৰতিশ্ৰুতি দিয়াৰ ইতিহাস আছে আনহাতে বিজেপিৰ দৰে এটা দল আছে, যিয়ে সদায় জনজাতীয় কল্যাণক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়ে। "যদিও পূৰ্বৰ চৰকাৰসমূহে জনজাতীয় পৰম্পৰাক উপহাস কৰিছিল, আমি জনজাতীয় পৰম্পৰাক সন্মান জনাইছো, ''তেওঁ কয়, "জনজাতীয় সম্প্ৰদায়ৰ কল্যাণ আমাৰ সৰ্বাধিক অগ্ৰাধিকাৰ আৰু আমি য'তেই চৰকাৰ গঠন কৰিছো, আমি জনজাতীয় কল্যাণক সৰ্বাধিক অগ্ৰাধিকাৰ দিছো।" জনজাতীয় সম্প্ৰদায়ৰ কল্যাণ সন্দৰ্ভত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয়, "মোৰ জনজাতীয় ভাই-ভনীসকলৰ বিদ্যুৎ, গেছ সংযোগ, শৌচালয়, ঘৰলৈ যোৱা পথ, ওচৰৰ চিকিৎসা কেন্দ্ৰ, ওচৰৰ উপাৰ্জনৰ মাধ্যম আৰু শিশুসকলৰ বাবে এখন বিদ্যালয় থকা উচিত।" তেওঁ লগতে কয় যে গুজৰাটত অভূতপূৰ্ব উন্নয়ন দেখা গৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাটৰ প্ৰতিখন গাঁৱত আজি ২৪ ঘণ্টাই বিদ্যুৎ উপলব্ধ, কিন্তু প্ৰথমখন স্থান য'ত প্ৰতিখন গাওঁ বিদ্যুতৰ সুবিধাৰ সৈতে সংযুক্ত আছিল, সেইখন আছিল জনজাতীয় জিলা ডেং। "প্ৰায় ডেৰ দশক আগতে জ্যোতিৰ্গ্ৰাম যোজনাৰ অধীনত ডেং জিলাৰ ৩০০ খনতকৈও অধিক গাঁৱত ১০০ শতাংশ বৈদ্যুতিকীকৰণৰ লক্ষ্য প্ৰাপ্ত কৰা হৈছিল। ডেং জিলাৰ এই অনুপ্ৰেৰণাই আমাক দেশৰ সকলো গাঁৱৰ বৈদ্যুতিকীকৰণৰ কাম তৈয়াৰ কৰিবলৈ প্ৰেৰিত কৰিছিল", প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে জনজাতীয় অঞ্চলৰ কৃষিক নতুন জীৱন প্ৰদানৰ বাবে হাতত লোৱা ৱাদি যোজনাৰ ওপৰত আলোকপাত কৰে। শ্ৰী মোদীয়ে পূৰ্বৰ পৰিস্থিতিৰ কথা স্মৰণ কৰে যেতিয়া জনজাতীয় অঞ্চলসমূহত বাজৰা-মাকৈ খেতি কৰা আৰু ক্ৰয় কৰা কঠিন আছিল। "আজি জনজাতীয় অঞ্চলত আম, মধুৰিআম আৰু নেমুৰ দৰে ফলৰ লগতে কাজু খেতিও কৰা হয়", প্ৰধানমন্ত্ৰীয়ে এইবুলি উল্লেখ কৰে। তেওঁ এই ইতিবাচক পৰিৱৰ্তনৰ বাবে ৱাদি যোজনাক কৃতিত্ব প্ৰদান কৰে আৰু জনায় যে এই আঁচনিৰ জৰিয়তে জনজাতীয় কৃষকসকলক অনুৰ্বৰ ভূমিত ফল, চেগুন আৰু বাঁহ খেতি কৰাত সহায় কৰা হৈছে। "আজি গুজৰাটৰ বহুতো জিলাত এই কাৰ্যসূচী চলি আছে", তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে ৰাষ্ট্ৰপতি ড০ আব্দুল কালামে ভালচাদ জিলাত এয়া চাবলৈ আহিছিল আৰু তেওঁ প্ৰকল্পটোৰ যথেষ্ট প্ৰশংসা কৰিছিল। শ্ৰী মোদীয়ে গুজৰাটৰ পৰিৱৰ্তিত পানীৰ পৰিস্থিতিৰ বিষয়েও কয়। গুজৰাটত, বিদ্যুত গ্ৰীডৰ আৰ্হিত পানীৰ গ্ৰিড স্থাপন কৰা হৈছিল। তাপীকে ধৰি সমগ্ৰ গুজৰাটত এটা খাল আৰু উত্তোলন জলসিঞ্চন নেটৱৰ্ক নিৰ্মাণ কৰা হৈছিল। ডাবা কণ্ঠ খালৰ পৰা পানী উঠোৱা হৈছিল আৰু ইয়াৰ পিছত তাপী জিলাৰ পানীৰ সুবিধা বৃদ্ধি পাইছিল। তেওঁ জানিবলৈ দিয়ে যে উকাই আঁচনিখন শ শ কোটি টকাৰ বিনিয়োগেৰে নিৰ্মাণ কৰা হৈছে আৰু আজি যিবোৰ প্ৰকল্পৰ বাবে আধাৰশিলা স্থাপন কৰা হৈছে সেইবোৰে পানীৰ সুবিধা আৰু উন্নত কৰিব। "এটা সময় আছিল যেতিয়া গুজৰাটৰ মাত্ৰ এক চতুৰ্থাংশ পৰিয়ালৰ পানীৰ সংযোগ আছিল। আজি গুজৰাটৰ ১০০% পৰিয়ালে পাইপ যোগে খোৱা পানী লাভ কৰিছে", প্ৰধানমন্ত্ৰীয়ে কয়। বনবন্ধু কল্যাণ যোজনাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাটৰ জনজাতীয় সমাজৰ প্ৰতিটো মৌলিক প্ৰয়োজনীয়তা আৰু আকাংক্ষা পূৰণ কৰাৰ বাবে ইয়াক ধাৰণা আৰু ৰূপায়ণ কৰা হৈছে। "আজি আমি দেখিছো যে তাপী আৰু অন্যান্য কাষৰীয়া জনজাতীয় জিলাৰ বহু ছোৱালীয়ে ইয়াত বিদ্যালয় আৰু মহাবিদ্যালয়লৈ গৈ আছে। এতিয়া জনজাতীয় সমাজৰ বহু পুত্ৰ আৰু কন্যাই বিজ্ঞান অধ্যয়ন কৰি আছে, চিকিৎসক আৰু অভিযন্তা হৈ পৰিছে", তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে যেতিয়া ২০-২৫ বছৰ পূৰ্বে এই যুৱক-যুৱতীসকলৰ জন্ম হৈছিল, তেতিয়া উমৰগামৰ পৰা অম্বাজীলৈকে সমগ্ৰ জনজাতীয় অঞ্চলত খুব কম বিদ্যালয় আছিল আৰু বিজ্ঞান অধ্যয়নৰ বাবে পৰ্যাপ্ত সুবিধা নাছিল। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে গুজৰাটত কালি উদ্বোধন কৰা মিছন স্কুল অব্ এক্সিলেঞ্চৰ অধীনত জনজাতীয় তালুকৰ প্ৰায় ৪,০০০ বিদ্যালয়ৰ আধুনিকীকৰণ কৰা হ'ব। বিগত দুটা দশকত প্ৰধানমন্ত্ৰীয়ে জনজাতীয় অঞ্চলত ১০ হাজাৰৰো অধিক বিদ্যালয়, একলব্য আদৰ্শ বিদ্যালয় আৰু কন্যাসকলৰ বাবে বিশেষ আৱাসিক বিদ্যালয় স্থাপন কৰা হৈছে বুলি জানিবলৈ দিয়ে। নৰ্মদাৰ বিৰচা মুণ্ডা জনজাতীয় বিশ্ববিদ্যালয় আৰু গোধৰাৰ শ্ৰী গোবিন্দ গুৰু বিশ্ববিদ্যালয়ে জনজাতীয় যুৱক-যুৱতীসকলক উচ্চ শিক্ষাৰ সুযোগ প্ৰদান কৰিছে। জনজাতীয় শিশুসকলৰ বাবে বৃত্তিৰ বাজেট এতিয়া দুগুণতকৈও অধিক হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে, "একলব্য বিদ্যালয়ৰ সংখ্যাও বহুগুণে বৃদ্ধি পাইছে।" আমাৰ জনজাতীয় শিশুসকলৰ বাবে, আমি শিক্ষাৰ বাবে বিশেষ ব্যৱস্থা কৰিছিলো আৰু বিদেশত পঢ়িবলৈ আৰ্থিক সহায়ো কৰিছিলো", তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে খেলো ইণ্ডিয়াৰ দৰে অভিযানৰ জৰিয়তে ক্ৰীড়াক্ষেত্ৰত স্বচ্ছতা অনাৰ লগতে জনজাতীয় শিশুসকলক তেওঁলোকৰ সম্ভাৱনা বৃদ্ধি আৰু বিকাশৰ বাবে নতুন সুযোগ প্ৰদান কৰাৰ সুবিধাৰ কথাও দোহাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাট চৰকাৰে বনবন্ধু কল্যাণ যোজনাৰ বাবে এক লাখ কোটি টকাতকৈও অধিক ব্যয় কৰিছে। এতিয়া এই আঁচনিৰ দ্বিতীয় পৰ্যায়ত গুজৰাট চৰকাৰে পুনৰ এক লাখ কোটি টকাৰ অধিক ব্যয় কৰিবলৈ গৈ আছে বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ সৈতে, জনজাতীয় শিশুসকলৰ বাবে বহুতো নতুন বিদ্যালয়, বহুতো হোষ্টেল, নতুন চিকিৎসা মহাবিদ্যালয় আৰু নাৰ্চিং মহাবিদ্যালয়ো নিৰ্মাণ কৰা হ'ব। "এই আঁচনিৰ অধীনত চৰকাৰে জনজাতীয় লোকসকলৰ বাবে ২.৫ লাখতকৈও অধিক ঘৰ নিৰ্মাণৰ প্ৰস্তুতি চলাই আছে। যোৱা কেইবছৰমানত জনজাতীয় অঞ্চলৰ প্ৰায় এক লাখ জনজাতীয় পৰিয়ালক ৬ লাখতকৈও অধিক ঘৰ আৰু ভূমি লীজত দিয়া হৈছে", তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কয়, "আমাৰ সংকল্প হৈছে জনজাতীয় সমাজক পুষ্টিহীনতাৰ সমস্যাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰা। সেয়েহে কেন্দ্ৰীয় চৰকাৰে এক বৃহৎ 'পোষণ অভিযান' আৰম্ভ কৰিছে যাৰ জৰিয়তে গৰ্ভধাৰণৰ সময়ত মাতৃসকলক পুষ্টিকৰ খাদ্য খোৱাত সহায় কৰিবলৈ হাজাৰ হাজাৰ টকা দিয়া হৈছে।" মাতৃ আৰু শিশুসকলক সময়মতে টীকাকৰণ কৰাটো নিশ্চিত কৰিবলৈ মিছন ইন্দ্ৰধনুষৰ অধীনত এটা বৃহৎ অভিযান চলি আছে। এতিয়া আঢ়ৈ বছৰতকৈও অধিক সময় জুৰি সমগ্ৰ দেশৰ দৰিদ্ৰ লোকসকলক বিনামূলীয়া ৰেচন দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে ৩ লাখ কোটি টকাতকৈও অধিক ব্যয় কৰিছে। এতিয়ালৈকে, আমাৰ মাতৃ আৰু ভগ্নীসকলক ধোঁৱাৰ ফলত হোৱা ৰোগৰ পৰা ৰেহাই দিবলৈ দেশত প্ৰায় ১০ কোটি বিনামূলীয়া গেছ সংযোগ দিয়া হৈছে। লাখ লাখ জনজাতীয় পৰিয়ালে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত প্ৰতি বছৰে ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিছে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত জনজাতীয় সম্প্ৰদায়ৰ পাহৰি যোৱা উত্তৰাধিকাৰীক পুনৰুদ্ধাৰৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে জনজাতীয় সম্প্ৰদায়ৰ এক অতি সমৃদ্ধ উত্তৰাধিকাৰী আছে। তেওঁ কয়, "এতিয়া প্ৰথমবাৰৰ বাবে দেশখনে ১৫ নৱেম্বৰত ভগৱান বিৰচা মুণ্ডাৰ জন্ম জয়ন্তী জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপন কৰিছে।" তেওঁ লগতে কয় যে জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ অৱদান সমগ্ৰ দেশৰ সংগ্ৰহালয়ৰ জৰিয়তে সংৰক্ষণ আৰু প্ৰদৰ্শন কৰা হৈছে। জনজাতীয় মন্ত্ৰালয়ৰ অস্তিত্ব নোহোৱা সময়ৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অটলজীৰ চৰকাৰেই প্ৰথমবাৰৰ বাবে জনজাতীয় মন্ত্ৰালয় গঠন কৰিছিল। "গ্ৰাম চড়ক যোজনা অটলজীৰ চৰকাৰৰ সময়ত আৰম্ভ কৰা হৈছিল, যাৰ ফলত জনজাতীয় অঞ্চলসমূহ লাভান্বিত হৈছিল।" আমাৰ চৰকাৰে জনজাতীয় লোকসকলৰ প্ৰতি কৰা অন্যায়ৰ সমাপ্তিৰ কাম কৰিছে", তেওঁ লগতে কয়। "উন্নয়নৰ এই অংশীদাৰীত্ব নিৰন্তৰে শক্তিশালী কৰিব লাগে", প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ জনজাতীয় যুৱক-যুৱতীসকলৰ সম্ভাৱনা বৃদ্ধিৰ বাবে ডাবল ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাত যোগদান কৰিবলৈ সকলোকে আহ্বান জনায়। "সবকা প্ৰয়াসৰ সৈতে আমি এখন উন্নত গুজৰাট আৰু উন্নত ভাৰত গঢ়ি তুলিম" প্ৰধানমন্ত্ৰীয়ে এইদৰে ভাষণৰ সামৰণি মাৰে। গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, সাংসদ শ্ৰী চি আৰ পাটিল, শ্ৰী কে চি পেটেল, শ্ৰী মনসুখ বাসৱা আৰু শ্ৰী প্ৰভুভাই বাসৱা আৰু গুজৰাট চৰকাৰৰ মন্ত্ৰী শ্ৰী ৰুশিকেশ পেটেল, শ্ৰী নৰেশভাই পেটেল, শ্ৰী মুকেশভাই পেটেল, শ্ৰী জগদীশ পাঞ্চাল আৰু শ্ৰী জীতুভাই চৌধুৰীও অনুষ্ঠানটোত উপস্থিত আছিল।
প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ তাপীৰ ভায়াৰাত ১৯৭০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক পদক্ষেপৰ আধাৰশিলা স্থাপন কৰে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%AE%E0%A6%BF-%E0%A6%8F%E0%A6%95%E0%A7%87%E0%A6%B2%E0%A6%97%E0%A7%87-%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%BF-%E0%A6%B8%E0%A7%8D%E0%A6%AE%E0%A7%B0%E0%A6%A3-%E0%A6%86%E0%A7%B0%E0%A7%81/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%AE%E0%A6%BF-%E0%A6%8F%E0%A6%95%E0%A7%87%E0%A6%B2%E0%A6%97%E0%A7%87-%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%BF-%E0%A6%B8%E0%A7%8D%E0%A6%AE%E0%A7%B0%E0%A6%A3-%E0%A6%86%E0%A7%B0%E0%A7%81/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমি একেলগে মিলি স্মৰণ আৰু উদযাপন কৰিম আমাৰ ভাৰত-বাংলাদেশৰ ৫০ বছৰীয়া বন্ধুত্বৰ বুনিয়াদ। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়: “আজি ভাৰত-বাংলাদেশে স্মৰণ কৰিছে মৈত্ৰী দিৱস। আমি একেলগে মিলি স্মৰণ আৰু উদযাপন কৰিম আমাৰ বন্ধুত্বৰ বুনিয়াদ। মই অনাগত সময়তো মহামহিম প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা সৈতে কাম কৰাৰ লগতে আমাৰ সম্পৰ্কৰ পৰিসৰ আৰু অধিক সম্প্ৰসাৰণ আৰু প্ৰগাঢ় কৰাৰ কামনা কৰিছো”।
আমি একেলগে মিলি স্মৰণ আৰু উদযাপন কৰিম আমাৰ ভাৰত-বাংলাদেশৰ ৫০ বছৰীয়া বন্ধুত্বৰ বুনিয়াদ :প্ৰধানমন্ত্ৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%8B%E0%A7%B0%E0%A6%AC%E0%A7%80%E0%A6%A4-%E0%A6%A6%E0%A7%87%E0%A7%B1%E0%A6%BE%E0%A6%B2-%E0%A6%96%E0%A6%B9%E0%A6%BF-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A3%E0%A6%B9%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%8B%E0%A7%B0%E0%A6%AC%E0%A7%80%E0%A6%A4-%E0%A6%A6%E0%A7%87%E0%A7%B1%E0%A6%BE%E0%A6%B2-%E0%A6%96%E0%A6%B9%E0%A6%BF-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A3%E0%A6%B9%E0%A6%BE/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মোৰবীত দেৱাল খহি প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। গুজৰাটৰ মোৰবীত দেৱাল খহি পৰাৰ ঘটনাৰ ভুক্তভোগীসকললৈ শ্ৰী মোদীয়ে প্ৰধান মন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (PMNRF) ৰপৰা ক্ষতিপূৰণ ঘোষণা কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইবুলি টুইট কৰে; "মোৰবীত দেৱাল খহি পৰা ঘটনাটো হৃদয় বিদাৰক। দুখৰ এই সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছো। আহতসকল যেন সোনকালেই সুস্থ হৈ উঠে, তাৰে কামনা কৰিলো। স্থানীয় কৰ্তৃপক্ষসমূহে প্ৰভাৱিতসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে।" "মোৰবীৰ শোকাৱহ ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হোৱাসকলৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ আগবঢ়োৱা হ'ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী।"
মোৰবীত দেৱাল খহি প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শো
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%96%E0%A6%BE%E0%A6%A4%E0%A7%81-%E0%A6%B6%E0%A7%8D%E0%A6%AF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%96%E0%A6%BE%E0%A6%A4%E0%A7%81-%E0%A6%B6%E0%A7%8D%E0%A6%AF/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকাৰ ৰাজস্থানৰ খাতু শ্যামজী মন্দিৰ কমপ্লেক্সত হেঁচাঠেলাৰ ফলত প্ৰাণ হেৰুওৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; "ৰাজস্থানৰ ছিকাৰৰ খাতু শ্যামজী মন্দিৰ কমপ্লেক্সত হোৱা হেঁচাঠেলাৰ ফলত ভক্তৰ মৃত্যু হোৱাত ব্যথিত হৈছো। শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো। যিসকল আহত হৈছে তেওঁলোকে অতি সোনকালে সুস্থ হৈ উঠিব বুলি আশা কৰিছো।"
ছিকাৰ ৰাজস্থানৰ খাতু শ্যামজী মন্দিৰ কমপ্লেক্সত হেঁচাঠেলাৰ ফলত প্ৰাণহানি হোৱা ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A6%BE%E0%A6%B8-%E0%A6%9C%E0%A6%AF%E0%A6%BC%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80%E0%A6%A4-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A6%BE%E0%A6%B8-%E0%A6%9C%E0%A6%AF%E0%A6%BC%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80%E0%A6%A4-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A7%B0/
ৰবিদাস জয়ন্তীত উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ শ্ৰী গুৰু ৰবিদাস বিশ্ৰাম ধাম মন্দিৰ দৰ্শন শ্ৰদ্ধা জ্ঞাপন কৰে। কেইবাটাও টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; ‘ৰবিদাস জয়ন্তীৰ পৱিত্ৰ উপলক্ষে আজি মই দিল্লীৰ শ্ৰী গুৰু ৰবিদাস বিশ্বধাম মন্দিৰ দৰ্শন কৰিছোঁ। সমগ্ৰ দেশবাসীক ৰবিদাস জয়ন্তীৰ শুভেচ্ছা জনাইছোঁ।’ ‘সন্ত ৰবিদাসজীৰ এই পবিত্ৰ মন্দিৰটো জনসাধাৰণৰ বাবে এক প্ৰেৰণাৰ স্থল। মই অতি সৌভাগ্যৱান যে এজন সাংসদ হিচাপে মই ইয়াত উন্নয়নমূলক কামবোৰ সম্পূৰ্ণ কৰাৰ সুযোগ পাইছো।’ ‘দিল্লীৰ শ্ৰী গুৰু ৰবিদাস বিশ্বধাম মন্দিৰত কেইবাটাও বিশেষ মুহূৰ্ত।’
ৰবিদাস জয়ন্তীত দিল্লীৰ শ্ৰী গুৰু ৰবিদাস বিশ্ৰাম ধাম মন্দিৰ পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%80/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%80/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ দেশবাসীৰ নামত অৰ্পণ কৰিলে। তেওঁ ২০১৫ চনৰ এপ্ৰিলত এই কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছিল। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এই কেন্দ্ৰই ড০ আম্বেদকাৰৰ শিক্ষাক কৰ্ষণ কৰিবলৈ সুবিধা দিব। ড০ আম্বেদকাৰ আৰ্থ-সামাজিক পৰিৱৰ্তনৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰক এই প্ৰকল্পৰে অংশ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই আৰ্থ-সামাজিক বিষয়ৰ ওপৰত গৱেষণা তথা মৌলিক চিন্তাৰ বাবে উৎকৃষ্ট কেন্দ্ৰ হৈ উঠিব। এই কেন্দ্ৰই আৰ্থ-সামাজিক বিষয়ৰ সংহত প্ৰগতিৰ বাবে চিন্তাবিদৰ কাম কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে বিভিন্ন সময়ত বহু দূৰদৰ্শী নেতাই ভাৰতৰ প্ৰগতিৰ দিশ নিৰ্ণয় কৰি থৈ গৈছে।দেশ গঢ়াৰ ক্ষেত্ৰত তেখেতৰ অৱদানৰ বাবে ভাৰতবাসী সদায়ে ড০ আম্বেদকাৰৰ ওচৰত ঋণী হৈ থাকিব।কেন্দ্ৰীয় চৰকাৰে যিমান পাৰি বেছি সংখ্যক মানুহে, বিশেষকৈ যুৱ প্ৰজন্মই তেওঁৰ আদৰ্শৰ বিষয়ে জনাটো কামনা কৰে। সেয়ে ড০ আম্বেদকাৰৰ লগত জড়িত ঠাইসমূহক তীৰ্থস্থানৰ দৰে উন্নয়ন কৰাৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰসঙ্গতে তেওঁ দিল্লীৰ আলিপুৰ, মধ্য প্ৰদেশৰ মাহাও, মুম্বাইৰ ইন্দু মিল, নাগপুৰৰ দীক্ষাভূমি আৰু লণ্ডনৰ ঘৰটোৰ কথা উল্লেখ কৰে। আজিৰ প্ৰজন্মই ড০ আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে পঞ্চতীৰ্থ তৈয়াৰ কৰা হৈছে। ডিজিটেল লেন-দেনৰ বাবে ব্যৱহাৰ কৰিব পৰা ভীম এপ টো কেন্দ্ৰীয় চৰকাৰে ড০ আম্বেদকাৰৰ অৰ্থনৈতিক দূৰদৃষ্টিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে মুকলি কৰিছে। ১৯৪৬ চনত ড০ আম্বেদকাৰে সংবিধান সভাত দিয়া ভাষণৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বহু প্ৰত্যাহ্বান নেওচি ড০ আম্বেদকাৰে নিজৰ দূৰদৰ্শী লক্ষ্যৰে সকলোকে প্ৰেৰণা যোগাইছিল।আমি তেওঁৰ লক্ষ্য পূৰণ কৰিব পৰা নাই। আজিৰ প্ৰজন্মৰ হাতত সামাজিক সমস্যাসমূহ সমাধান কৰাৰ ক্ষমতা আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ড০ আম্বেদকাৰক স্মৰণ কৰি কয় যে আমি ৰাজনৈতিক গণতন্ত্ৰৰ লগতে সামাজিক গণতন্ত্ৰও গঢ়িব লাগিব। যোৱা চাৰে তিনিটা বছৰত কেন্দ্ৰীয় চৰকাৰে সেই সামাজিক গণতন্ত্ৰৰ লক্ষ্য পূৰণৰ দিশে ধাৱমান হৈছে।এই প্ৰসঙ্গতে তেওঁ জনধন যোজনা, উজ্জ্বলা যোজনা, স্বচ্ছ ভাৰত যোজনা, বীমা আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা, সৌভাগ্য যোজনা আদিৰ কথা উল্লেখ কৰে।তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে নিৰ্দ্ধাৰিত সময়তে সকলো প্ৰকল্প সম্পাদন কৰাৰ লক্ষ্যৰে কাম কৰি আছে আৰু ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰই তাকে সূচায়।তেওঁ ভূমি স্বাস্থ্য কাৰ্ড, মিশ্যন ইন্দ্ৰধনুশ আৰু গ্ৰাম্য বৈদ্যুতিকৰণৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ কথাও উল্লেখ কৰে।স্বনিয়োজনৰ সুবিধা সৃষ্টি কৰা ‘ষ্টে’ণ্ড আপ ইণ্ডিয়া’ আঁচনিৰ কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ড০ আম্বেদকাৰৰ সপোনকে সৰোগত কৰি আমি নতুন ভাৰত গঢ়িবলৈ গৈ আছো, য’ত সকলোৱে সামন অধিকাৰ পাব, প্ৰযুক্তিৰ শক্তিৰে বলীয়ান হৈ আগুৱাই যাব। তেওঁ সকলোকে বাবাচাহেৱ আম্বেদকাৰৰ সপোনক বাস্তৱায়িত কৰাৰ দিশত আগবাঢ়িবলৈ আহ্বান জনোৱাৰ লগতে ২০২২ চনৰ ভিতৰত এই সপোন বাস্তৱত পৰিণত হ’ব বুলি আশা ব্যক্ত কৰে।
প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ নামত অৰ্পণ কৰিলে ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%AB%E0%A6%9A%E0%A6%BF%E0%A6%86%E0%A6%87%E0%A6%8F%E0%A6%B2%E0%A7%B0-%E0%A6%97%E0%A7%8B%E0%A7%B0%E0%A6%96%E0%A6%AA%E0%A7%81%E0%A7%B0-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%9B%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%AB%E0%A6%9A%E0%A6%BF%E0%A6%86%E0%A6%87%E0%A6%8F%E0%A6%B2%E0%A7%B0-%E0%A6%97%E0%A7%8B%E0%A7%B0%E0%A6%96%E0%A6%AA%E0%A7%81%E0%A7%B0-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%9B%E0%A6%BF/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত হিন্দুস্থান উর্বৰক আৰু ৰসায়ন লিমিটেড(এইচইউআৰএল)ক ভূমি লিজত দিয়াৰ সিদ্ধান্তত অনুমোদন জনোৱা হৈছে। বৈঠকত এফচিআইএলৰ গোৰখপুৰ আৰু ছিন্দ্ৰিস্থিত সাৰ কাৰখানাসমূহ পুনৰুজ্জীৱিতকৰণ তথা এইচএফচিএলৰ বাৰাউনি সাৰ কাৰখানা পুনৰুজ্জীৱিতকৰণৰ বাবে ৰেহাইৰ লগতে ভূমি লিজত দিয়া সংক্রান্তীয় চুক্তিতো অনুমোদন জনোৱা হৈছে। ইফালে, এখন আন্তঃমন্ত্ৰালয় কমিটিক এফচিআইএল/এইচএফচিএল আৰু এইচইউআৰএলৰ মাজত প্রয়োজনীয় চুক্তি অনুমোদনৰ কর্তৃত্ব প্ৰদান কৰা হৈছে। ইয়াৰ ফলত গোৰখপুৰ, ছিন্দ্ৰি আৰু বাৰাউনিৰ সাৰ কাৰখানাসমূহ পুনৰুজ্জীৱিত হোৱাৰ লগতে সাৰ উৎপাদনৰ ক্ষেত্রত পৰ্যাপ্ত বিনিয়োগ আকর্ষণ বৃদ্ধি কৰিবলৈ সক্ষম হ’ব। এই ইউনিটবোৰ জগদীশপুৰ-হলদিয়া পাইপলাইনে ভাৰতৰ পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি উন্নয়নত সহায় কৰিব। তদুপৰি, ইয়াৰ ফলত পূর্বাঞ্চলত কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰাৰ লগতে অর্থনৈতিক কাম-কাজৰো ব্যাপক উত্থান হ’ব। এই পুনৰুজ্জীৱিতকৰণ ব্যৱস্থাই থলুৱা ইউৰিয়া উৎপাদন বৃদ্ধিৰ লগতে সাৰ উৎপাদনৰ ক্ষেত্রত স্বনির্ভৰশীলতা হোৱাত সহায় কৰিব। এইচইউআৰএল হৈছে গোৰখপুৰ, ছিন্দ্ৰি আৰু বাৰাউনী সাৰ কাৰখানা পুনৰুজ্জীৱিতকৰণৰ বাবে ২০১৬ৰ জুন মাহত গঠন কৰা এনটিপিচি, আইঅ’চিএল, চিআইল আৰু এফআইচিএল/এইচএফচিএলৰ এক যুটীয়া অংশীদাৰিত্বমুলক কোম্পানী। ইয়াৰ অধীনত এই তিনিটা স্থানত সাৰ কাৰখানা স্থাপন কৰাৰ বাবে এফআইচিএল/এইচএফচিএল আৰু এইচইউআৰএলৰ মাজত চুক্তি স্বাক্ষৰ কৰা হ’ব। লিজত দিয়া ভূমিৰ ম্যাদ ৫৫ বছৰ। ইয়াৰ বাবে এইচইউআৰএলে প্ৰতি বছৰে এফআইচিএল/এইচএফচিএলক ১ লাখকৈ প্ৰদান কৰিব লাগিব।
এফচিআইএলৰ গোৰখপুৰ আৰু ছিন্দ্ৰি আৰু এইচএফচিএলৰ বাৰাউনি সাৰ কাৰখানাৰ পুনৰুজ্জীৱিতকৰণৰ লক্ষ্যৰে ৰেহাই সংক্রান্তীয় চুক্তি আৰু ভূমি লিজত দিয়া চুক্তিত কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F%E0%A7%B0-%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%97%E0%A7%B0%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F%E0%A7%B0-%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%97%E0%A7%B0%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A6%A4/
গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লালজী, উপ মুখ্যমন্ত্ৰী ভাই শ্ৰী কৃষ্ণ চৌটালাজী, সংসদত মোৰ সহকৰ্মী শ্ৰী চি আৰ পাটিল, ভাৰতৰ জাপানৰ ৰাষ্ট্ৰদূত চুজুকি মটৰ কৰ্পোৰেচনৰ জ্যেষ্ঠ কৰ্মকৰ্তা, মাৰুতি চুজুকিৰ জ্যেষ্ঠ বিষয়া, আন সকলো গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোক! প্ৰথমতে, মই চুজুকি আৰু চুজুকি পৰিয়ালৰ সৈতে জড়িত সকলোকে আন্তৰিক অভিনন্দন জনাইছো। ভাৰত আৰু ভাৰতৰ লোকসকলৰ সৈতে চুজুকিৰ পাৰিবাৰিক সম্পৰ্ক এতিয়া ৪০ বছৰ। আজি এফালে গুজৰাটত বৈদ্যুতিক বাহনৰ বেটাৰি উৎপাদনৰ বাবে এক উচ্চাভিলাষী কাৰখানাৰ আধাৰশিলা স্থাপন কৰা হৈছে, লগতে হাৰিয়ানাত নতুন গাড়ী নিৰ্মাণ সুবিধাও আৰম্ভ কৰা হৈছে। মই বিশ্বাস কৰোঁ যে এই সম্প্ৰসাৰণে চুজুকিৰ ভৱিষ্যতৰ অপৰিসীম সম্ভাৱনাৰ আধাৰ হ’ব। মই চুজুকি মটৰ্ছ, এই বিশাল পৰিয়ালৰ সকলো সদস্যলৈ আন্তৰিক অভিনন্দন জনাইছো। বিশেষকৈ, মই শ্ৰীযুত ওচামু চুজুকি আৰু শ্ৰীযুত তোশী-ৰিহিৰো চুজুকিকো অভিনন্দন জনাইছো। যেতিয়াই আপুনি মোক লগ পায়, আপুনি ভাৰতত চুজুকিৰ এক নতুন দৰ্শন উপস্থাপন কৰে। এই বছৰৰ মে মাহত, মই ওচামু চুজুকিজীক লগ পাইছিলো আৰু তেওঁ মোক ৪০ বছৰীয়া কাৰ্যসূচীলৈ আহিবলৈ অনুৰোধ কৰিছিল। এনে ভৱিষ্যতৰ পদক্ষেপৰ সাক্ষী হোৱাটো মোৰ বাবে এটা আনন্দদায়ক অভিজ্ঞতা। বন্ধুসকল, মাৰুতি-চুজুকিৰ সফলতাও ভাৰত-জাপানৰ শক্তিশালী অংশীদাৰিত্বৰ প্ৰতীক। যোৱা আঠ বছৰত আমাৰ দুয়োখন দেশৰ মাজৰ এই সম্পৰ্ক নতুন উচ্চতাত উপনীত হৈছে। আজি গুজৰাট-মহাৰাষ্ট্ৰৰ বুলেট ট্ৰেইনৰ পৰা উত্তৰ প্ৰদেশৰ বেনাৰসৰ ৰুদ্ৰাক্ষ কেন্দ্ৰলৈকে বহুতো উন্নয়নমূলক প্ৰকল্প ভাৰত-জাপান বন্ধুত্বৰ এক উদাহৰণ, আৰু যেতিয়া এই বন্ধুত্বৰ কথা আহে, প্ৰতিজন ভাৰতীয়ই নিশ্চিতভাৱে আমাৰ বন্ধু, প্ৰাক্তন প্ৰধানমন্ত্ৰী স্বৰ্গীয় শিনজো আবেজীক স্মৰণ কৰে। যেতিয়া আবে শান গুজৰাটলৈ আহিছিল, তেওঁ ইয়াত অতিবাহিত কৰা সময়খিনি গুজৰাটৰ মানুহে অতি মৰমেৰে স্মৰণ কৰে। তেওঁ আমাৰ দেশসমূহক ওচৰলৈ অনাৰ বাবে যি প্ৰচেষ্টা চলাইছে, আজি প্ৰধানমন্ত্ৰী কিছিদাই ইয়াক আগুৱাই নিছে। এইমাত্ৰ আমি প্ৰধানমন্ত্ৰী কিছিদাৰ ভিডিঅ’ বাৰ্তাও শুনিছিলো। ইয়াৰ বাবে মই প্ৰধানমন্ত্ৰী কিছিদা আৰু জাপানৰ সকলো নাগৰিকক ভাৰতৰ হৈ অভিনন্দন জনাইছো। বন্ধুসকল, মই এই সুযোগত গুজৰাট আৰু হাৰিয়ানাৰ লোকসকলক শুভেচ্ছা জনাইছো, যিসকলে দেশৰ ঔদ্যোগিক বিকাশ আৰু ‘মেক ইন ইণ্ডিয়া’ৰ নিৰন্তৰ গতি বৃদ্ধি কৰি আহিছে। এই দুখন ৰাজ্যৰ চৰকাৰৰ উন্নয়নমূলক, উদ্যোগ-মুখী নীতি, ‘ব্যৱসায় কৰাৰ সহজতা’ৰ দিশত কৰা প্ৰচেষ্টাই ৰাজ্যখনৰ কোটি কোটি লোক আৰু বিশেষকৈ যুৱসকলক লাভান্বিত কৰিছে। বন্ধুসকল, এই বিশেষ অনুষ্ঠানটোত, আজি মই বহুতো পুৰণি, প্ৰাকৃতিক অনুপস্থিত। মোৰ মনত আছে, 13 বছৰ আগতে যেতিয়া চুজুকি গুজৰাটলৈ ইয়াৰ নিৰ্মাণ গোট নিৰ্মাণ কৰিবলৈ আহিছিল। তেতিয়া মই কৈছিলো- ‘আমাৰ মাৰুতি বন্ধুসকলে গুজৰাটৰ পানী খোৱাৰ লগে লগে, তেওঁলোকে ভালদৰে জানিব পাৰিব যে উন্নয়নৰ নিখুঁত আৰ্হি টো ক’ত আছে’? আজি মই সুখী যে গুজৰাটে চুজুকিক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিছে, আৰু চুজুকীয়েও একে সন্মানেৰে গুজৰাটৰ কথা কয়। আজি গুজৰাট কেৱল দেশতে নহয়, সমগ্ৰ বিশ্বতে শীৰ্ষ স্বয়ং-উদ্দেশ্য নিৰ্মাণ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। বন্ধুসকল, আজিৰ অনুষ্ঠানটো এনেকুৱা যে মই গুজৰাট আৰু জাপানৰ মাজৰ অন্তৰংগ সম্পৰ্কৰ বিষয়ে যিমানে আলোচনা কৰিম, সিমানেই কম হ’ব। গুজৰাট আৰু জাপানৰ মাজৰ সম্পৰ্ক কূটনৈতিক চক্ৰতকৈ বহুত বেছি। মোৰ মনত আছে যেতিয়া ২০০৯ চনত ভাইব্ৰেণ্ট গুজৰাট সন্মিলন আৰম্ভ হৈছিল, জাপান সদায়ে অংশীদাৰ দেশ হিচাপে ইয়াৰ সৈতে জড়িত হৈ আহিছে। আৰু এইটো এটা বহুত ডাঙৰ কথা, এটা ৰাজ্য আৰু আনফালে এখন উন্নত দেশ, একেলগে খোজ কঢ়াটো নিজেই এটা ডাঙৰ কথা। আজিও ভাইব্ৰেণ্ট গুজৰাট সন্মিলনত জাপানৰ অংশগ্ৰহণ সৰ্বাধিক। মুখ্যমন্ত্ৰী হিচাপে মোৰ কাৰ্যকালত, মই প্ৰায়ে এটা কথা কৈছিলো – মই গুজৰাটত এখন মিনি-জাপান সৃষ্টি কৰিব বিচাৰো। ইয়াৰ আঁৰৰ অনুভৱ আছিল যে আমাৰ জাপানৰ অতিথিসকলে গুজৰাটতো জাপানক অনুভৱ আৰু অনুভৱ কৰা উচিত। আমি চেষ্টা কৰিছিলো যে জাপানৰ লোকসকল, জাপানৰ কোম্পানীবোৰৰ ইয়াত কোনো সমস্যা নাই। আপুনি কল্পনা কৰিব পাৰে যে আমি কিমানটা সৰু বস্তুৰ প্ৰতি মনোযোগ দিছিলো। বহুতে সম্ভৱতঃ শুনি আচৰিত হ’ব, এতিয়া আমি সকলোৱে জানো যে যদি জাপানৰ লোক আছে আৰু গল্ফ খেলিব নালাগে, তেন্তে বিষয়টো অসম্পূৰ্ণ হৈ থাকিব। আপুনি গল্ফ অবিহনে জাপানী কল্পনা কৰিব নোৱাৰে। এতিয়া গুজৰাটৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাছিল, তাত গল্ফৰ পৃথিৱী। গতিকে যদি মই জাপানক ইয়ালৈ আনিব বিচাৰো, তেন্তে মই এটা গল্ফ কোৰ্চও আৰম্ভ কৰা উচিত আৰু মই সুখী যে আজি গুজৰাটত বহুতো গল্ফ ফিল্ড আছে, য’ত আমাৰ জাপানী লোকসকলে ইয়াত কাম কৰে, সপ্তাহান্তটো কটোৱাৰ সুযোগ পায়। লগতে বহুতো ৰেষ্টুৰেণ্ট আছে, যাৰ বিশেষত্ব হৈছে জাপানী ৰন্ধনপ্ৰণালী, জাপানী খাদ্য, ই চিন্তিত। জাপানৰ সহকৰ্মীসকলৰ যাতে সমস্যা নহয় আৰু আজিকালি জাপানী ভাষাৰ শ্ৰেণী চলি আছে সেয়া নিশ্চিত কৰিবলৈ বহুতো গুজৰাটীয়ে জাপানী ভাষাও শিকিছে। বন্ধুসকল, জাপানৰ প্ৰতি আমাৰ প্ৰচেষ্টা আৰু মৰমৰ ক্ষেত্ৰত সদায় গুৰুত্ব আছে। আজি ইয়াৰ ফলাফল হৈছে যে চুজুকিকে ধৰি ১২৫ টাতকৈও অধিক জাপানী কোম্পানীয়ে গুজৰাটত কাম কৰি আছে। জাপানী কোম্পানীবোৰে ইয়াত অটোমোবাইলৰ পৰা জৈৱ-ইন্ধনলৈ ক্ষেত্ৰখনত সম্প্ৰসাৰিত হৈছে। জেত্ৰোৰ দ্বাৰা স্থাপিত আহমেদাবাদ ব্যৱসায় সমৰ্থন কেন্দ্ৰত একেসময়তে একাধিক কোম্পানীক প্লাগ আৰু প্লে ৱৰ্ক-স্পেচ সুবিধা প্ৰদান কৰাৰ সুবিধা আছে। আজি গুজৰাটত দুটা, জাপান-ভাৰত নিৰ্মাণ প্ৰতিষ্ঠান, প্ৰতি বছৰে শ শ যুৱক-যুৱতীক প্ৰশিক্ষণ দি আছে। গুজৰাটৰ কাৰিকৰী বিশ্ববিদ্যালয় আৰু আইটিআইৰ সৈতেও বহুতো কোম্পানীৰ চুক্তি আছে। গুজৰাটে আহমেদাবাদত জেন গাৰ্ডেন আৰু কাইজেন একাডেমী স্থাপনত হিওগো ইণ্টাৰনেচনেল এছ’চিয়েচনৰ মূল্যৱান অৱদান কেতিয়াও পাহৰিব নোৱাৰে। এতিয়া ষ্টেচু অফ ইউনিটিৰ ওচৰত এনে এক পৰিৱেশ-অনুকূল বাগিচা বিকশিত কৰাৰ প্ৰচেষ্টা চলি আছে। ১৮-১৯ বছৰ পূৰ্বে গুজৰাটে কাইজেনৰ সন্দৰ্ভত কৰা প্ৰচেষ্টা, যি গুৰুত্বসহকাৰে ইয়াক ৰূপায়ণ কৰা হৈছিল, গুজৰাট যথেষ্ট লাভান্বিত হৈছিল। গুজৰাটআজি যি উচ্চতাত আছে সেই উন্নয়নৰ ক্ষেত্ৰত কাইজেনৰ নিশ্চিতভাৱে এটা ডাঙৰ ভূমিকা আছে। যেতিয়া মই প্ৰধানমন্ত্ৰী হিচাপে দিল্লীলৈ গৈছিলো, মই কাইজেনৰ অভিজ্ঞতা পিএমঅ’ আৰু অন্যান্য কেন্দ্ৰীয় চৰকাৰৰ বিভাগতো প্ৰয়োগ কৰিছিলো। এতিয়া দেশখনে কাইজেনৰ অধিক লাভালাভ লাভ কৰিছে। চৰকাৰত, আমি জাপান-প্লাছৰ এক বিশেষ ব্যৱস্থাও কৰিছো। গুজৰাট আৰু জাপানৰ এই যুটীয়া ভ্ৰমণক স্মৰণীয় কৰি তোলা জাপানৰ বহুতো বন্ধু, বহুতো বৃদ্ধ আৰু মোৰ সহকৰ্মীও আজি এই কাৰ্যসূচীত উপস্থিত আছে। আকৌ এবাৰ, মই আপোনালোক সকলোকে অভিনন্দন জনাইছো। বন্ধুসকল, আজি, ভাৰতত বৈদ্যুতিক বাহনৰ বজাৰ যিমান দ্ৰুতগতিত বৃদ্ধি পাইছে সিমান দ্ৰুতগতিত বৃদ্ধি পাইছে যিমান কেইবছৰমান আগলৈকে কল্পনাও কৰা হোৱা নাছিল। বৈদ্যুতিক বাহনৰ এটা ডাঙৰ বৈশিষ্ট্য হ’ল যে তেওঁলোক নীৰৱ। ২ টা চকা হওঁক বা ৪ টা চকা হওঁক, সেইবোৰে কোনো শব্দ নকৰে। এই নীৰৱতা কেৱল ইয়াৰ অভিযান্ত্ৰিকৰ আৰম্ভণি নহয়, ই দেশত এক নীৰৱ বিপ্লৱৰ আগমনৰ আৰম্ভণি। আজি মানুহে ইভিক অতিৰিক্ত বাহন বুলি নাভাবে, তেওঁলোকে ইয়াক এক মুখ্য উপায় হিচাপে বিবেচনা কৰা আৰম্ভ কৰিছে। দেশখনে যোৱা আঠ বছৰ ধৰি এই পৰিৱৰ্তনৰ বাবে ভূমি প্ৰস্তুত কৰি আছিল। আজি, আমি বৈদ্যুতিক বাহন পৰিস্থিতিতন্ত্ৰত যোগান আৰু চাহিদা দুয়োটাৰ ওপৰত ক্ৰমান্বয়ে কাম কৰি আছো। চৰকাৰে বৈদ্যুতিক বাহনৰ ক্ৰেতাসকলক বহু প্ৰকাৰৰ ইনচেণ্টিভ প্ৰদান কৰি আছে, যাতে চাহিদা ত্বৰান্বিত হয়। আয়কৰ ৰেহাইৰ পৰা ঋণ সহজ কৰালৈকে, বহুতো পদক্ষেপ লোৱা হৈছে, যি বৈদ্যুতিক বাহনৰ চাহিদা বৃদ্ধি কৰিব। একেদৰে, অটোমোবাইল আৰু অটো উপাদানবোৰত পিএলআই আঁচনিৰ জৰিয়তে যোগান বৃদ্ধি কৰাৰ বাবেও দ্ৰুতগতিত কাম কৰা হৈছে। চৰকাৰে বৈদ্যুতিক বাহনৰ সমগ্ৰ পৰিস্থিতিতন্ত্ৰক দ্ৰুত কৰাৰ বাবে কেইবাটাও পদক্ষেপ লৈছে। পিএলআই আঁচনিৰ জৰিয়তে বেটাৰী নিৰ্মাণেও যথেষ্ট উৎসাহ লাভ কৰিছে। দেশখনে বৈদ্যুতিক বাহন চাৰ্জিং আন্তঃগাঁথনি প্ৰস্তুত কৰাৰ বাবে কেইবাটাও নীতিগত সিদ্ধান্ত লৈছে। ২০২২ চনৰ বাজেটত বেটাৰী অদল-বদল নীতি প্ৰৱৰ্তন কৰা হৈছে। প্ৰযুক্তি ভাগ বতৰাৰ দৰে নীতিৰ ওপৰত এটা নতুন আৰম্ভণি হৈছে। যোগান, চাহিদা আৰু পৰিস্থিতিতন্ত্ৰৰ শক্তিৰে ইভি খণ্ডৰ বিকাশ হ’বলৈ সাজু হৈছে। অৰ্থাৎ, এই নীৰৱ বিপ্লৱে অনাগত দিনবোৰত এক ডাঙৰ পৰিৱৰ্তন আনিবলৈ সাজু। বন্ধুসকল, আজি যেতিয়া আমি ইভিৰ দৰে ক্ষেত্ৰৰ কথা কওঁ, আমাৰ দেশ আৰু ইয়াৰ লক্ষ্যসমূহৰ জলবায়ু প্ৰতিশ্ৰুতি আগবঢ়োৱাটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভাৰতে COP 26-ত ঘোষণা কৰিছে যে ই ২০৩০ চনৰ ভিতৰত অ-জীৱাশ্ম উৎসৰ পৰা ইয়াৰ স্থাপিত বৈদ্যুতিক ক্ষমতাৰ ৫০ শতাংশ লাভ কৰিব। আমি ২০৭০ চনৰ বাবে ‘নেট জিৰো’ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো। ইয়াৰ বাবে, আমি ইভি চাৰ্জিং আন্তঃগাঁথনি আৰু গ্ৰিড স্কেল বেটাৰী প্ৰণালীৰ দৰে শক্তি সঞ্চয় প্ৰণালীক আন্তঃগাঁথনিৰ সুসংগত তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তুতি চলাইআছো। একে সময়তে, আমি জৈৱ-গেছ, ফ্লেক্স ইন্ধনৰ দৰে বিকল্পৰ দিশত আগবাঢ়িব লাগিব। মই সুখী যে মাৰুতি-চুজুকীয়ে এই দিশত জৈৱ-ইন্ধন, ইথানল মিশ্ৰণ, হাইব্ৰিড ইভিৰ দৰে সকলো বিকল্পৰ ওপৰতো কাম কৰি আছে। মই পৰামৰ্শ দিওঁ যে, ইয়াৰ লগতে, চুজুকীয়ে সংকুচিত বায়ো-মিথেন গেছ অৰ্থাৎ চিবিজিৰ দৰে সম্ভাৱনাৰ সৈতে সম্পৰ্কিত প্ৰকল্পও আৰম্ভ কৰিব পাৰে। ভাৰতৰ আন কোম্পানীবোৰেও এই দিশত যথেষ্ট কাম কৰি আছে। মই এটা স্বাস্থ্যকৰ প্ৰতিযোগিতাৰ লগতে পাৰস্পৰিক শিক্ষাৰ এক উন্নত পৰিৱেশ বিচাৰিম। ই দেশ আৰু বাণিজ্য দুয়োকে লাভান্বিত কৰিব। বন্ধুসকল, অম্ৰুতকালৰ পৰৱৰ্তী 25 বছৰত, আমাৰ লক্ষ্য হৈছে ভাৰতক ইয়াৰ শক্তিৰ প্ৰয়োজনীয়তাৰ বাবে স্বাৱলম্বী কৰা। আমি জানো যে আজিৰ শক্তি আমদানিৰ এক বৃহৎ অংশ পৰিবহনৰ সৈতে সম্পৰ্কিত। সেয়েহে, এই দিশত উদ্ভাৱন আৰু প্ৰচেষ্টা আমাৰ প্ৰাথমিকতা হ’ব লাগে। মই নিশ্চিত যে আপোনালোক আৰু অটো খণ্ডৰ সকলো সহকৰ্মীৰ সহযোগিতাৰে দেশখনে নিশ্চিতভাৱে এই লক্ষ্য পূৰণ কৰিব। আমি উন্নয়ন আৰু সমৃদ্ধিৰ লক্ষ্যত উপনীত হ’ম যিটো আজি আমাৰ এক্সপ্ৰেছৱেত দেখা গৈছে। এই মনোভাৱৰ সৈতে, মই আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছো আৰু চুজুকি পৰিয়ালক মোৰ আন্তৰিক অভিনন্দন জনাইছো আৰু মই আপোনাক আশ্বাস দিছো যে আপুনি সম্প্ৰসাৰণৰ যিসপোনই বহন কৰে, সেয়া ৰাজ্য চৰকাৰ হওঁক বা কেন্দ্ৰীয় চৰকাৰ হওঁক, আমি ক’তো পিছ পৰি নাথাকিম। এই অনুভৱৰ সৈতে আপোনালোক সকলোকে বহুত ধন্যবাদ!
গুজৰাটৰ গান্ধীনগৰত ভাৰতত চুজুকিৰ ৪০ বছৰ উপলক্ষে আয়োজিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%AE%E0%A6%BE%E0%A6%95-%E0%A6%B8%E0%A6%82%E0%A6%AC%E0%A6%BF%E0%A6%A7%E0%A6%BE%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A6%BE%E0%A6%A8-%E0%A6%95%E0%A7%B0%E0%A6%BE-%E0%A6%AE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%AE%E0%A6%BE%E0%A6%95-%E0%A6%B8%E0%A6%82%E0%A6%AC%E0%A6%BF%E0%A6%A7%E0%A6%BE%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A6%BE%E0%A6%A8-%E0%A6%95%E0%A7%B0%E0%A6%BE-%E0%A6%AE/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমাক সংবিধান প্ৰদান কৰা মহান ব্যক্তিসকললৈ শ্ৰদ্ধা নিবেদনেৰে ৰাষ্ট্ৰখনৰ প্ৰতি তেওঁলোকৰ দৃষ্টি পৰিপূৰণৰ অংগীকাৰৰ কথা পুনৰবাৰ উল্লেখ কৰে। এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়; "আজি সংবিধান দিৱসৰ দিনা আমাক সংবিধান প্ৰদান কৰা মহান ব্যক্তিসকললৈ শ্ৰদ্ধা নিবেদন কৰিলো আৰু আমাৰ ৰাষ্ট্ৰখনৰ প্ৰতি তেওঁলোকৰ দৃষ্টি পৰিপূৰণৰ অংগীকাৰক দোহাৰিছো।"
আমাক সংবিধান প্ৰদান কৰা মহান ব্যক্তিসকললৈ শ্ৰদ্ধা নিবেদন কৰিলোঃ প্ৰধানমন্ত্ৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%85-%E0%A6%95%E0%A6%A8%E0%A6%AB%E0%A6%BE%E0%A7%B0%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A6%BF%E0%A6%99%E0%A7%B0-%E0%A6%9C%E0%A7%B0%E0%A6%BF%E0%A6%AF-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%85-%E0%A6%95%E0%A6%A8%E0%A6%AB%E0%A6%BE%E0%A7%B0%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A6%BF%E0%A6%99%E0%A7%B0-%E0%A6%9C%E0%A7%B0%E0%A6%BF%E0%A6%AF-2/
নমস্কাৰ, পশ্চিম বংগৰ ৰাজ্যপাল চি ভি আনন্দ বসু, মুখ্যমন্ত্ৰী সন্মানীয় মমতা বেনাৰ্জী, মোৰ কেন্দ্ৰীয় কেবিনেট সহযোগী অশ্বিনী বৈষ্ণৱ, সুভাষ চৰকাৰ, নিসিথ প্ৰামানিক, জন বৰলা জী, বিৰোধী দলৰ নেতা সুবেন্দু অধিকাৰী, সাংসদ প্ৰসুন, মঞ্চত বহি থকা আন সহকৰ্মী আৰুভদ্ৰমহিলাসকল! আজি আপোনালোক সকলোৰে সৈতে ভাৰ্চুৱেলী মুখামুখি হ’ব লগা হ’ল, মোৰ এক ব্যক্তিগত কাৰণত মই আপোনালোক সকলোৰে মাজলৈ আহিব পৰা নাই, ইয়াৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো। আজি কলকাতাৰ ঐতিহাসিক ভূমি বংগৰ পবিত্ৰ ভূমিক প্ৰণাম কৰাৰ সুযোগ পাইছো। বংগৰ প্ৰতিটো কোণতেস্বাধীনতা আন্দোলনৰ ইতিহাস সন্নিৱিষ্ট হৈ আছে। বন্দে মাতৰম ধ্বনি য’ৰ পৰা সৃষ্টি হৈছিল,তাৰ পৰাই বন্দে ভাৰত ৰে’ল গাড়ীৰ ফ্লেগ অফ কৰা হৈছে। আজি ৩০ ডিচেম্বৰ তাৰিখৰো ইতিহাসত নিজস্ব গুৰুত্ব আছে। ১৯৪৩ চনৰ ৩০ ডিচেম্বৰত সেইদিনা নেতাজী সুভাষে আন্দামানত ত্ৰিৰংগ উত্তোলন কৰি ভাৰতৰ স্বাধীনতাৰ পতাকা উত্তোলন কৰিছিল। ২০১৮ চনত এই ঘটনাৰ ৭৫ বছৰীয়া জয়ন্তীত মই আন্দামানলৈ গৈছিলো, যাৰ নামো নেতাজীৰ নামেৰে এটা দ্বীপ ৰখা হৈছে। আৰু এতিয়া এই সময়ত দেশে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰিছে, অমৃত মহোৎসৱ উদযাপন কৰিছে। এই অমৃত মহোৎসৱত দেশে ৪৭৫খন বন্দে ভাৰত ৰে’ল আৰম্ভ কৰাৰ সংকল্প লোৱা হৈছিল। আজি কলকাতাৰ পৰা ইয়াত হাওৰা-নিউ জলপাইগুৰি বন্দে ভাৰতৰ এখন ৰে’ল শুভাৰম্ভ হৈছে। ৰে’ল আৰু মেট্ৰ’ৰ সংযোগৰ সৈতে জড়িত অন্যান্য প্ৰকল্পসমূহো উদ্বোধন কৰা হৈছে। প্ৰায় ৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে জোকা-বিবিডি বাগ মেট্ৰ’ প্ৰকল্পৰ কাম চলি আছে। ইয়াৰে জোকা-তৰাটলা মেট্ৰ’ পথটো সম্পূৰ্ণ হৈছে। ইয়াৰ ফলত মহানগৰীৰ জনসাধাৰণৰ জীৱন-যাপনৰ সূচলতা বৃদ্ধি পাব। সতীৰ্থসকল, কিছু সময়ৰ পাছত গংগানদীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু খোৱাপানীৰ সৈতে জড়িত কেইবাটাও প্ৰকল্প পশ্চিম বংগক গতাই দিয়াৰ সুযোগ পাম। নমামি গংগা অভিযানৰ অধীনত পশ্চিম বংগত ২৫টাতকৈও অধিক নলা প্ৰকল্পৰ অনুমোদন লাভ কৰিছে। ইয়াৰে ১১টা প্ৰকল্প ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু আজি ৭টা প্ৰকল্প সম্পূৰ্ণ হৈ আছে। আজি ১.৫ হাজাৰ কোটি ব্যয় সাপেক্ষে ৫টা নতুন প্ৰকল্পৰ কামো আৰম্ভ হৈছে। ইয়াৰ মূল কথাটো হ’ল আদি গংগা নদীৰ পুনৰুজ্জীৱন। মোক কোৱা হৈছে যে বৰ্তমান সময়ত আদি গংগা নদীৰ অৱস্থা দুৰ্ভাগ্যজনকভাৱে অতি বেয়া। ৬০০ কোটিৰো অধিক মূল্যৰ আধুনিক আন্তঃগাঁথনি প্ৰস্তুত কৰি তাত পৰি থকা জাবৰ-জোঁথৰ আৰু নলা-নৰ্দমা পৰিষ্কাৰ কৰা হৈছে। আমি প্ৰায়ে এজন ব্যক্তিৰ জীৱনত Preventive Healthcareৰ কথা কৈ থাকোঁ আৰু আমি কওঁ যে ৰুটিন এনেকুৱা হ’ব লাগে যাতে ৰোগটো একেবাৰেই নাহে। একেদৰে নদী পৰিষ্কাৰ কৰাৰ সমান্তৰালকৈ কেন্দ্রীয় চৰকাৰেও প্রতিৰোধৰ ওপৰতো যথেষ্ট গুৰুত্ব আৰোপ কৰিছে৷ আৰু এই প্ৰতিৰোধৰ আটাইতকৈ ডাঙৰ আৰু আধুনিক উপায় হ’ল অধিকতকৈ অধিক আধুনিক নলা পৰিশোধন প্লাণ্ট থকা। আগন্তুক ১০-১৫ বছৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আজি দেশতেই আধুনিক নলা পৰিশোধন প্লাণ্ট স্থাপন কৰা হৈছে। স্বাধীনতাৰ সোণালী যুগত আমি আগন্তুক চিন্তা আৰু দৃষ্টিভংগীৰে দেশক আগুৱাই নিব লাগিব। সতীৰ্থসকল, এই একবিংশ শতিকাত ভাৰতৰ দ্ৰুত বিকাশৰ বাবে, ভাৰতীয় ৰেলৱেৰ দ্ৰুত বিকাশৰ বাবে, ভাৰতীয় ৰেলৱেৰ দ্ৰুত উন্নতিৰ বাবে এই সকলোবোৰ কথা অতি গুৰুত্বপূৰ্ণ। সেইবাবেই আজি কেন্দ্রীয় চৰকাৰে ভাৰতীয় ৰে’লৱে আধুনিকীকৰণৰ বাবে, ৰে’লৰ আন্তঃগাঁথনি আধুনিকীকৰণৰ বাবে অভিলেখ বিনিয়োগ কৰিছে৷ আজি ভাৰতত ভাৰতীয় ৰেলৱেৰ সজীৱতাৰ বাবে দেশজোৰা অভিযান চলি আছে। আজি দেশত বন্দে ভাৰত, তেজস, হমছফৰ আদি আধুনিক ৰেল নিৰ্মাণৰ কাম চলি আছে। আজি ভিষ্টা-ড’মৰ ডবাসমূহে ৰে’ল যাত্ৰীসকলক এক নতুন অভিজ্ঞতা প্ৰদান কৰিছে। আজি নিৰাপদ, আধুনিক প্ৰশিক্ষকৰ সংখ্যা অভিলেখ পৰিমাণে বৃদ্ধি পাইছে। আজি ৰেল ষ্টেচনটোও বিমানবন্দৰৰ দৰে উন্নয়ন কৰা হৈছে। নতুন জলপাইগুৰি ষ্টেচনো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। আজি ৰে’লপথ দুগুণ হোৱা, ৰে’লপথৰ বিদ্যুৎ সংযোগ এনে গতিৰে ঘটিছে যিটো আগতে কেতিয়াও হোৱা নাছিল। দেশত আহি থকা ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰে লজিষ্টিক খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ গৈ আছে। নিৰাপত্তা হওক, পৰিষ্কাৰ-পৰিচ্ছন্নতা হওক, দক্ষতা হওক, সমন্বয় হওক, সময়োপযোগী হওক, সুবিধা হওক, ভাৰতীয় ৰে’লৱে আজি এক নতুন পৰিচয় সৃষ্টিৰ বাবে আমাৰ সকলো প্ৰচেষ্টাৰ ফল দিছে। যোৱা আঠ বছৰত ভাৰতীয় ৰেলৱেই আধুনিকতাৰ ভেটিৰ ওপৰত কাম কৰি আহিছে। এতিয়া আগন্তুক আঠ বছৰত ভাৰতীয় ৰেলৱেই আধুনিকতাৰ নতুন যাত্ৰাত নামি পৰা দেখিবলৈ পাম। ভাৰতৰ দৰে যুৱ দেশৰ বাবে ভাৰতীয় ৰে’লৱেও এটা ডেকা অৱতাৰ ল’বলৈ গৈ আছে। আৰু নিশ্চিতভাৱে ইয়াত ৪৭৫ খনতকৈও অধিক বন্দে ভাৰত ৰে’লে ডাঙৰ ভূমিকা পালন কৰিব। সতীৰ্থসকল, স্বাধীনতাৰ পিছৰ সাত দশকত ২০ হাজাৰ ৰুট কিলোমিটাৰ ৰেলপথৰ বিদ্যুৎ সংযোগ কৰা হৈছিল। আনহাতে, ২০১৪ চনত আমাৰ চৰকাৰ গঠনৰ পাছত যোৱা ৭-৮ বছৰত ৩২ হাজাৰতকৈও অধিক ৰুট কিলোমিটাৰ ৰে’ল লাইনত বিদ্যুৎ সংযোগ হৈছে। এয়া দেশৰ কামৰ গতি, ৰেলৱেৰ আধুনিকীকৰণৰ গতি। আৰু এই গতি ত্বৰান্বিত কৰিবলৈ এতিয়া বিশ্বৰ আটাইতকৈ শক্তিশালী বৈদ্যুতিক ইঞ্জিনসমূহো ভাৰতত দ্ৰুতগতিত নিৰ্মাণ কৰা হৈছে। সতীৰ্থসকল, আজিৰ ভাৰতৰ গতি আৰু পৰিসৰৰ আন এক সাক্ষ্য হ’ল আমাৰ মেট্ৰ’ ৰে’ল ব্যৱস্থা। কলকাতাৰ ৰাইজে জানে যে মেট্ৰ’ ৰে’ল দশক দশক ধৰি ৰাজহুৱা পৰিবহণৰ এক উৎকৃষ্ট পদ্ধতি হৈ আহিছে। ২০১৪ চনৰ আগতে দেশৰ মুঠ মেট্ৰ’ নেটৱৰ্ক আছিল ২৫০ কিলোমিটাৰতকৈও কম। আৰু ইয়াতো আটাইতকৈ বেছি অংশ আছিল দিল্লী-এনচিআৰৰ। কেন্দ্ৰীয় চৰকাৰেও এই পৰিস্থিতি সলনি কৰিছে, ইয়াক সলনি কৰিবলৈ সকলো প্ৰচেষ্টা চলাইছে আৰু অতি দ্ৰুতগতিত সলনি কৰিছে। যোৱা ৮ বছৰত আমি মেট্ৰ’ক ২ ডজনতকৈও অধিক চহৰলৈ সম্প্ৰসাৰণ কৰিছো। আজি দেশৰ বিভিন্ন চহৰত প্ৰায় ৮০০ কিলোমিটাৰ ট্ৰেকত চলি আছে মেট্ৰ’। ১০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন মেট্ৰ’ পথৰ কাম দ্ৰুত গতিত চলি আছে। জোকা-বিবিডি বাগ মেট্ৰ’ প্ৰকল্প এই সংকল্পৰ এটা অংশ। সতীৰ্থসকল, যোৱা শতিকাত ভাৰতৰ আৰু দুটা ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে, যিবোৰে দেশৰ উন্নয়নত অতি নেতিবাচক প্ৰভাৱ পেলাইছে। এটা প্ৰত্যাহ্বান হৈছে আন্তঃগাঁথনিৰ কামত বিভিন্ন সংস্থাৰ মাজত সমন্বয়ৰ অভাৱ। আৰু দ্বিতীয়টো প্ৰত্যাহ্বান আছিল যে বিভিন্ন পৰিবহণ পদ্ধতিৰ মাজত শূন্য সমন্বয় থাকিব লাগে। ইয়াৰ ফলত চৰকাৰৰ এটা বিভাগে আনটো বিভাগে ক’ৰ পৰা নতুন কাম আৰম্ভ কৰিবলৈ ওলাইছে সেই কথা নাজানিলে। ইয়াৰ বোজা দেশৰ সৎ কৰদাতাই বহন কৰিবলগীয়া হৈছিল। চৰকাৰী ধনৰ অপচয়, প্ৰকল্পত পলম, দুৰ্নীতি আদি দেশৰ সৎ কৰদাতাই সদায় ঘৃণা কৰি আহিছে। যেতিয়া তেওঁ দেখে যে তেওঁৰ কষ্টোপাৰ্জিত ধনেৰে দিয়া কৰ দৰিদ্ৰ লোকৰ লাভ নহয় বৰঞ্চ এজন দুৰ্নীতিগ্ৰস্ত ব্যক্তি, তেতিয়া তেওঁৰ মন বেয়া হোৱাটো স্বাভাৱিক। এই ধনৰ অপচয় ৰোধ কৰাৰ উদ্দেশ্যে বিভাগ আৰু চৰকাৰৰ সমন্বয় বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন ৰূপায়ণ কৰা হৈছে। এতিয়া বিভিন্ন ৰাজ্য চৰকাৰেই হওক, বিভিন্ন চৰকাৰী বিভাগেই হওক, নিৰ্মাণ সম্পৰ্কীয় সংস্থাই হওক, উদ্যোগৰ লোকেই হওক, সকলো একক মঞ্চতে আহি আছে। প্ৰধানমন্ত্ৰী গতিশক্তিয়েও দেশৰ বিভিন্ন পৰিবহণ পদ্ধতি সংযোগ কৰি বহু মডাল সংযোগৰ কাম ক্ষিপ্ৰতাৰে কৰিছে। আজি দেশত অভিলেখ গতিৰে ঘাইপথ, বিমানবন্দৰ, জলপথ আৰু নতুন বন্দৰ নিৰ্মাণ কৰা হৈছে। আৰু ইয়াৰ আটাইতকৈ ডাঙৰ কথাটো হ’ল এতিয়া তেওঁলোকক এনেদৰে প্ৰস্তুত কৰা হৈছে যে এটা পৰিবহণ পদ্ধতিয়ে আনটো পৰিবহণ পদ্ধতিক সমৰ্থন কৰে। অৰ্থাৎ ঘাইপথসমূহ ৰেল ষ্টেচনৰ সৈতে ভালদৰে সংযোগ কৰিব লাগে, ৰেল ষ্টেচন বিমানবন্দৰৰ সৈতে সংযোগ কৰিব লাগে, যাতায়তৰ সময়তো মানুহে নিৰৱচ্ছিন্ন সংযোগ লাভ কৰিব লাগে। সতীৰ্থসকল, একবিংশ শতিকাত দ্ৰুতগতিত আগবাঢ়ি যাবলৈ আমি দেশৰ সম্ভাৱনাৰ সঠিক ব্যৱহাৰ কৰিব লাগিব। লগতে জলপথৰ উদাহৰণ দেশবাসীক দিব বিচাৰিছো। ভাৰতবৰ্ষত বাণিজ্য আৰু পৰ্যটনৰ বাবে জলপথৰ ব্যাপক ব্যৱহাৰ হৈছিল। সেইবাবেই নদীৰ পাৰত ইমানবোৰ চহৰে বসতি স্থাপন কৰিলে, নদীৰ পাৰত ইমানবোৰ ঔদ্যোগিক বিকাশ ঘটিল। কিন্তু এই সামৰ্থ্য প্ৰথমে শ শ বছৰৰ দাসত্বৰ ফলত আৰু তাৰ পিছত স্বাধীনতাৰ পিছত চৰকাৰৰ উদাসীনতাই ধ্বংস কৰি পেলালে। এতিয়া ভাৰতে এই জলশক্তি বৃদ্ধিৰ কাম কৰি আছে, দেশত ১০০ৰো অধিক জলপথ গঢ়ি তোলা হৈছে। আমি এই দিশত দ্ৰুতগতিত আগবাঢ়িছো ভাৰতৰ নদীসমূহত আধুনিক ক্ৰুজ চলাবলৈ, সেয়া ব্যৱসায় হওক বা পৰ্যটন হওক। কেন্দ্ৰীয় চৰকাৰে বাংলাদেশ চৰকাৰৰ সহযোগত গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ মাজত জলপথ সংযোগ স্থাপনৰ কামো কৰিছে। আজি দেশবাসীক ইয়াৰ সৈতে জড়িত এক তথ্য দিব বিচাৰিছো। ২০২৩ চনৰ ১৩ জানুৱাৰীত বাৰাণসীৰ কাশীৰ পৰা ৩২০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ জলপথেৰে বাংলাদেশ হৈ ডিব্ৰুগড়ত উপস্থিত হ’ব এখন ক্ৰুজ। সমগ্ৰ বিশ্বতে এইখন হ’ব এক অভূতপূৰ্ব ক্ৰুজ। ইয়াৰ উপৰিও ভাৰতৰ ক্ৰুজ পৰ্যটনৰ ক্ৰমবৰ্ধমান প্ৰতিফলন হ’ব। পশ্চিম বংগৰ জনসাধাৰণকো ইয়াৰ সুবিধা নিশ্চিতভাৱে ল’বলৈ আহ্বান জনাম৷ আজি মই বিশেষভাৱে বংগবাসীক আৰু এটা কথাৰ বাবে প্ৰণাম জনাব বিচাৰিছো। দেশৰ মাটিৰ প্ৰতি বংগবাসীৰ যি মৰম আছে, সেই মৰম মই সদায় প্ৰশংসা কৰি আহিছো। দেশৰ বিভিন্ন প্ৰান্ত চিনি পাবলৈ, দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিবলৈ বংগবাসীয়ে যি উৎসাহ আছে, সেয়া আচৰিত। বহুতে প্ৰথম সুযোগ পোৱাৰ লগে লগে আন কোনোবা দেশ ভ্ৰমণ কৰিবলৈ যায়, কিন্তু বংগবাসীয়ে সদায় নিজৰ দেশক অগ্ৰাধিকাৰ দিয়ে। পৰ্যটনতো বংগৰ জনসাধাৰণে নেচন ফাৰ্ষ্টৰ মনোভাৱ কঢ়িয়াই লৈ ফুৰে। আৰু আজি যেতিয়া দেশত সংযোগ বাঢ়িছে, ৰেলৱে-হাইৱে-ৱেই-ৱাটাৰৱে আধুনিক হৈ পৰিছে, তেতিয়া ইজ অৱ ট্ৰেভেলও সমানে বৃদ্ধি পাইছে। ইয়াৰ পৰা বংগবাসীয়েও ডাঙৰ লাভ লাভ কৰিছে। সতীৰ্থসকল, গুৰুদেৱ ঠাকুৰে ৰচনা কৰা কবিতাৰ বিখ্যাত শাৰীসমূহ হ'ল- “হে আমাৰ দেশেৰ মাটি, তোমাৰ পৌৰে ঠেকাই মাথা” অৰ্থাৎ, হে মোৰ দেশৰ মাটি, তোমাৰ আগত মই মূৰ দোৱাইছো। স্বাধীনতাৰ এই অমৃত কালত আমি মাতৃভূমিক সৰ্বোচ্চ কৰি ৰাখি একেলগে কাম কৰিব লাগিব। আজি সমগ্ৰ বিশ্বই অতি বিশ্বাসেৰে ভাৰতৰ ফালে চাই আছে। এই আস্থা অটুট ৰাখিবলৈ প্ৰতিজন ভাৰতীয়ই নিজৰ সকলো শক্তি প্ৰয়োগ কৰিব লাগিব। আমি প্ৰতিটো দিনেই জাতি গঠনৰ বাবে ব্যৱহাৰ কৰিব লাগিব, প্ৰতিটো মুহূৰ্ত জাতি গঠনৰ বাবে ব্যৱহাৰ কৰিব লাগিব। দেশৰ সেৱাৰ কামত আমি থমকি ৰ’ব নালাগে। এই কথাৰে বংগক এনে বহু প্ৰকল্পৰ বাবে অভিনন্দন জনাইছো। আকৌ এবাৰ আপোনাক শুভেচ্ছা জনাইছো। আৰু মই মোৰ বক্তৃতাৰ সামৰণি মাৰো। বহুত বহুত ধন্যবাদ !
ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হাওৰাক নিউ জলপাইগুৰি সংযোগ কৰা বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰাৰ লগতে কলকাতা মেট্ৰ’ৰ পাৰ্পল লাইনৰ জোকা-তৰাতলা অংশ উদ্বোধন কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%95%E0%A6%BE%E0%A6%87%E0%A6%B2%E0%A7%88-%E0%A6%AC%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%95%E0%A6%BE%E0%A6%87%E0%A6%B2%E0%A7%88-%E0%A6%AC%E0%A6%BE/
গংগা নদীৰ পাৰত শ্রী কাশী বিশ্বনাথ মন্দিৰত যোগাযোগ ব্যৱস্থা আৰু অধিক সহজ কৰিবলৈ এই প্রকল্পই প্রধানমন্ত্রীৰ সপোন বাস্তবায়িত কৰিব এই প্রকল্প ৫ লাখ বর্গফুট এলেকা জুৰি বিস্তৃত, আগতে মন্দিৰ চৌহদ কেৱল ৩হাজাৰ বর্গফুট এলেকাতে সীমাবদ্ধ আছিল ২৩টা নতুন ভৱন নিৰ্মাণ হৈছে, যি পুণ্যার্থী আৰু তীর্থযাত্রীসকলক বিভিন্ন সা-সুবিধা প্ৰদান কৰিব; তিনি শতাধিক সম্পত্তি অধিগ্রহণ কৰাকে ধৰি এই প্রকল্পক গোচৰমুক্ত ৰখাৰ অন্তৰালত মূল চালিকাশক্তি হ’ল সকলোৱে একেলগে কাম কৰাৰ লক্ষ্যৰে প্রধানমন্ত্রীৰ পৰিকল্পনা ৪০টাতকৈ অধিক প্রাচীন মন্দিৰ সংস্কাৰ, উদ্ধাৰ আৰু সুসজ্জিত কৰা হৈছে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১৩ আৰু ১৪ ডিচেম্বৰত বাৰাণসী ভ্ৰমণ কৰিব৷ কাইলৈ দুপৰীয়া ১ বজাত প্রধানমন্ত্রীয়ে শ্রী কাশী বিশ্বনাথ মন্দিৰলৈ যাব আৰু তাত পূজা অর্চনাত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত তেওঁ প্রায় ৩৩৯ কোটি টকা ব্যয়েৰে নির্মিত শ্রী কাশী বিশ্বনাথ ধাম প্রকল্পৰ প্রথম পর্যায়ৰ উদ্বোধন কৰিব। বাবা বিশ্বনাথ মন্দিৰ দর্শনলৈ অহা পুণ্যার্থী আৰু তীর্থযাত্রীসকল যাতে যান-যঁটৰ মাজেৰে যাতায়াতৰ সমস্যাত নপৰে, তাৰ বাবে প্রধানমন্ত্রীয়ে প্ৰচেষ্টা গ্ৰহণ কৰিছিল৷ দীর্ঘ দিন ধৰি এই পৰিকল্পনা আছিল যে ইয়ালৈ অহা পুণ্যার্থী আৰু তীর্থযাত্রীসকলে পবিত্র গংগা নদীত শতিকা প্রাচীন পুণ্যাস্নানৰ ৰীতি যাতে সহজে পালন কৰিব পাৰে তাৰবাবেই এই ব্যৱস্থা। পুণ্যাস্নানৰ সময় গংগাজল সংগ্রহ আৰু মন্দিৰত পুজা দিয়াৰ ক্ষেত্রত তীর্থযাত্রী আৰু পুণ্যার্থীসকলৰ সুবিধার্থে এই প্ৰচেষ্টা হাতত লোৱা হৈছে৷ প্রধানমন্ত্রীৰ এই পৰিকল্পনাক বাস্তবায়িত কৰাৰ লক্ষ্যৰে শ্রী কাশী বিশ্বনাথ ধামত এটা প্রকল্প গ্রহণ কৰা হয়, যাতে গংগা পাৰত শ্রী কাশী বিশ্বনাথ মন্দিৰৰ পৰা সহজে শ্রী কাশী বিশ্বনাথ ধামত যাতায়াত কৰা যায়। উল্লেখ্য যে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২০১৯ৰ ৮ মার্চত এই প্রকল্পৰ আধাৰশিলা স্থাপন কৰিছিল৷ প্রধানমন্ত্রীয়ে এই প্রকল্পৰ প্রতিটো পর্যায়তে গভীৰ আগ্রহ দেখুৱাই আহিছে৷ তেওঁ নিজে এই প্রকল্পৰ কাম নিৰীক্ষণ আৰু নিয়মীয়াকৈ পর্যালোচনা কৰিছে৷ তীর্থযাত্রী আৰু পুণ্যার্থীসকলৰ সুবিধার্থে প্রকল্পৰ মান উন্নয়নত তেওঁ নিয়মীয়াকৈ পৰামর্শ দিছে৷ এই প্রকল্প এনেদৰে প্ৰস্তুত কৰা হৈছে, যাতে বিশেষভাবে সক্ষম ব্যক্তি আৰু জ্যেষ্ঠ নাগৰিকসকলো উপকৃত হ’ব পাৰে৷ সেইবাবে আধুনিক সা-সুবিধাৰ লগতে এক্সকেলেটৰ স্থাপন কৰা হৈছে। প্রকল্পৰ প্রথম পর্যায়ত মুঠ ২৩টা ভৱন উদ্বোধন কৰা হ’ব। শ্রী কাশী বিশ্বনাথ মন্দিৰ দর্শনলৈ অহা পুণ্যার্থীসকলে এই ভৱনসমূহত বিভিন্ন সা-সুবিধা পাব৷ ইয়াৰ ভিতৰত যাত্রী সুবিধা কেন্দ্র, পর্যটক সহায়ক কেন্দ্র, বৈদিক কেন্দ্র, মুমুক্ষু ভৱন, ভোগশালা, সংগ্রহালয়, গেলাৰী, হোটেল আদি উল্লেখযোগ্য৷ শ্রী কাশী বিশ্বনাথ মন্দিৰ সংলগ্ন এলেকাত এই প্রকল্পৰ বাবে তিনি শতাধিক সম্পত্তি সংগ্রহ আৰু অধিগ্রহণ কৰা হৈছে। সম্পত্তি অধিগ্রহণৰ সময় পাৰস্পৰিক সন্মতিৰ ভিত্তিত প্রধানমন্ত্রীয়ে সকলোৰে সৈতে আগুৱাই যোৱাৰ নীতি অনুসৰণ কৰা হৈছে৷ সেইবাবে প্রায় ১,৪০০ দোকান মালিক, ঘৰৰ মালিক আৰু অন্যান্যসকলক পুন সংস্থাপন দিয়া হৈছে। মন্দিৰ সংলগ্ন এলেকাত বিশাল এই সম্পত্তি সংগ্রহ আৰু অধিগ্রহণ প্রক্রিয়াত সাফল্য এই বিষয়টোৱে প্রমাণিত কৰে যে সমগ্র উন্নয়ন পৰিকল্পনাত যাতে কোনো আদালতে অধিগ্রহণ বা পুনৰ সংস্থাপনক লৈ গোচৰ ৰুজু নহয়। প্ৰকল্পৰ কাম-কাজৰ সময়ত যাতে যাৱতীয় ঐতিহ্যপূৰ্ণ পৰিকাঠামো সুৰক্ষিত থাকে সেই দিশতো প্রধানমন্ত্রীয়ে আৰম্ভণিৰে পৰাই গুৰুত্ব আৰোপ কৰি আহিছে৷ প্রধানমন্ত্রীৰ এই অগ্রাধিকাৰৰ ফলস্বৰূপে পুৰণি কেতবোৰ সম্পত্তি ভাঙি পেলোৱাৰ সময়ত ৪০টাতকৈ অধিক প্রাচীন মন্দিৰৰ ভগ্নাৱশেষ পোৱা যায়। এই মন্দিৰসমূহ সুসজ্জিত আৰু সংৰক্ষণ কৰা হৈছে। সেইদৰে প্রকৃত পৰিকাঠামোত যাতে কোনো পৰিৱর্তন নহয়, সেয়াও সুনিশ্চিত কৰা হৈছে। এই প্ৰকল্পৰ ব্যাপকতা ইমানেই যে প্রায় ৫ লাখ বর্গফুট এলেকাজুৰি বিস্তৃত হৈ আছে। আগতে কেৱল ৩ হাজাৰ বর্গফুটৰ মাজতে সীমাৱদ্ধ আছিল। ক’ভিড মহামাৰী সত্বেও পূর্ব নির্ধাৰিত সূচী অনুসৰি এই প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হৈছে। বাৰাণসী ভ্ৰমণৰ সময়ত প্রধানমন্ত্রীয়ে কাইলৈ সন্ধিয়া ৬বজাত এখন জাহাজত উঠি গংগা আৰতি প্রত্যক্ষ কৰিব। ইয়াৰ পূৰ্বে দুপৰীয়া ১২বজাত তেওঁ কালভৈৰৱ মন্দিৰ পৰিদর্শন কৰিব৷ ১৪ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত সদগুৰু চাদাফলদেউ বিহংগম যোগ সংস্থাৰ ৯৮সংখ্যক বার্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ দুদিনীয়া এই ভ্ৰমণৰ সময়ত প্রধানমন্ত্রীয়ে অসম, অৰুণাচল প্রদেশ, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্রদেশ, কর্ণাটক, মধ্যপ্রদেশ, মণিপুৰ, ত্রিপুৰা, উত্তৰপ্রদেশ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্রীসকলৰ লগতে বিহাৰ আৰু নাগালেণ্ডৰ উপ-মুখ্যমন্ত্রীসকলক লৈ আয়োজিত এক সন্মিলনতো অংশগ্ৰহণ কৰিব৷ প্রশাসনিক কাম-কাজ পৰিচালনাত উৎকৃষ্ট পন্থা-পদ্ধতিৰ পাৰস্পৰিক বিনিময় আৰু প্রধানমন্ত্রীৰ ‘টিম ইণ্ডিয়া’ মানসিকতাক আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত এই সন্মিলনে যথেষ্ট তাৎপর্য বহন কৰিব৷
প্রধানমন্ত্রীয়ে কাইলৈ বাৰাণসী ভ্ৰমণ কৰি শ্রী কাশী বিশ্বনাথ ধাম উদ্বোধন কৰিব
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A8%E0%A7%AE-%E0%A7%A8%E0%A7%AF-%E0%A6%9C/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A8%E0%A7%AE-%E0%A7%A8%E0%A7%AF-%E0%A6%9C/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮-২৯ জুলাই, ২০২২ তাৰিখে গুজৰাট আৰু তামিলনাডু ভ্ৰমণ কৰিব। ২৮ জুলাইৰ দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰীয়ে সবৰকণ্ঠৰ গাধোড়া চকীত সবৰ দুগ্ধপামৰ একাধিক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে চেন্নাই ভ্ৰমণ কৰিব আৰু সন্ধিয়া প্ৰায় ৬ বজাত চেন্নাইৰ জেএলএন ইণ্ডোৰ ষ্টেডিয়ামত ৪৪ সংখ্যক দবা অলিম্পিয়াডৰ শুভাৰম্ভণি ঘোষণা কৰিব। ২৯ জুলাইৰ ৰাতিপুৱা প্ৰায় ১০ বজাত প্ৰধানমন্ত্ৰীয়ে আন্না বিশ্ববিদ্যালয়ৰ ৪২ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তাৰ পিছত তেওঁ গান্ধীনগৰ ভ্ৰমণ কৰি গিফ্ট চিটি ভ্ৰমণ কৰিব, য'ত তেওঁ আবেলি প্ৰায় ৪ বজাত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ কৰিব আৰু আধাৰশিলা স্থাপন কৰিব। গুজৰাটত প্ৰধানমন্ত্ৰী চৰকাৰৰ অন্যতম প্ৰধান লক্ষ্য হৈছে গ্ৰাম্য অৰ্থনীতিক উজ্জীৱিত কৰা আৰু কৃষি আৰু আনুষংগিক কাৰ্যকলাপক অধিক উৎপাদনশীল কৰা। এই দিশত আন এক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে সবৰ দুগ্ধপাম ভ্ৰমণ কৰিব আৰু ২৮ জুলাইত ১,০০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পবোৰে স্থানীয় কৃষক আৰু দুগ্ধ উৎপাদকসকলক শক্তিশালী কৰিব আৰু তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিব। ই অঞ্চলটোৰ গ্ৰাম্য অৰ্থনীতিকো উজ্জীৱিত কৰিব। প্ৰধানমন্ত্ৰীয়ে সবৰ দুগ্ধপামত এটা পাউডাৰ কাৰখানা উদ্বোধন কৰিব। ইয়াৰ প্ৰতিদিনে প্ৰায় ১২০ মেট্ৰিক টন উৎপাদন ক্ষমতা আছে। সমগ্ৰ প্ৰকল্পটোৰ মুঠ ব্যয় হৈছে ৩০০ কোটি টকাতকৈও অধিক। এই কাৰখানা আন্তৰ্জাতিক খাদ্য সুৰক্ষাৰ মান্যতা অনুসৰি নিৰ্মাণ কৰা হৈছে। ই শক্তি বান্ধৱ আৰু প্ৰায় শূন্য কাৰ্বন নিৰ্গমনৰ কৰে। প্ৰকল্পটো শেহতীয়া আৰু সম্পূৰ্ণ স্বয়ংক্ৰিয় বাল্ক পেকিং লাইনেৰে সজ্জিত। প্ৰধানমন্ত্ৰীয়ে সবৰ দুগ্ধপামত এচেপ্টিক মিল্ক পেকেজিং প্ৰকল্পও উদ্বোধন কৰিব। এইটো এটা অত্যাধুনিক প্ৰকল্প যাৰ দৈনিক ক্ষমতা ৩ লাখ লিটাৰ। প্ৰায় ১২৫ কোটি টকাৰ মুঠ বিনিয়োগেৰে প্ৰকল্পটো সম্পাদন কৰা হৈছে। প্ৰকল্পটোত উচ্চ শক্তি দক্ষ আৰু পৰিৱেশ অনুকূল প্ৰযুক্তিৰ সৈতে শেহতীয়া স্বয়ংক্ৰিয়কৰণ প্ৰণালী আছে। প্ৰকল্পটোৱে দুগ্ধ উৎপাদকসকলক উন্নত পাৰিশ্ৰমিক নিশ্চিত কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে সবৰ চীজ আৰু হুই ড্ৰাইং প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। প্ৰকল্পটোৰ আনুমানিক ব্যয় হৈছে প্ৰায় ৬০০ কোটি টকা। প্ৰকল্পটোৱে চেডাৰ চীজ (২০ এমটিপিডি), মোজাৰেলা চীজ (১০এমটিপিডি) আৰু প্ৰচেছড চীজ (১৬ এমটিপিডি) প্ৰস্তুত কৰিব। চীজ প্ৰস্তুতৰ সময়ত উৎপন্ন হোৱা হুই ওৱে ড্ৰায়িং প্লাণ্টত শুকুৱাব লাগিব, যাৰ ক্ষমতা ৪০ এমটিপিডি। সবৰ দুগ্ধপাম হৈছে গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচন (জিচিএমএমএফ)ৰ এক অংশ, যি আমুল ব্ৰেণ্ডৰ অধীনত গাখীৰ আৰু গাখীৰ সামগ্ৰীৰ প্ৰস্তুত আৰু বিপণন কৰে। ২৯ জুলাইত প্ৰধানমন্ত্ৰীয়ে গান্ধী নগৰৰ গিফ্ট চিটি ভ্ৰমণ কৰিব। গিফ্ট চহৰ (গুজৰাট ইণ্টাৰনেচনেল ফাইনেন্স টেক-চিটি)ক কেৱল ভাৰতৰ বাবেই নহয়, বিশ্বৰ বাবে বিত্তীয় আৰু প্ৰযুক্তি সেৱাৰ বাবে এক একত্ৰিত কেন্দ্ৰ হিচাপে পৰিকল্পনা কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰসমূহত (আইএফএছচি) বিত্তীয় সামগ্ৰী, বিত্তীয় সেৱা আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বিকাশ আৰু নিয়ন্ত্ৰণৰ বাবে একত্ৰিত নিয়ন্ত্ৰক আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ প্ৰাধিকৰণৰ (আইএফএছচি) মুখ্য কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰিব। ভৱনটো এক প্ৰতিষ্ঠিত গাঁথনি হিচাপে ধাৰণা কৰা হৈছে, যি এক আগশাৰীৰ আন্তৰ্জাতিক বিত্তীয় কেন্দ্ৰ হিচাপে গিফ্ট-আইএফএছচিৰ বৰ্ধিত প্ৰাধান্য আৰু মৰ্যাদাৰ প্ৰতিফলন। প্ৰধানমন্ত্ৰীয়ে গিফ্ট-আইএফএছচিত ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় বুলিয়ন এক্সচেঞ্জ ইণ্ডিয়া ইণ্টাৰনেচনেল বুলিয়ন এক্সচেঞ্জ (আইআইবিএক্স) মুকলি কৰিব। আইআইবিএক্স-এ ভাৰতত সোণৰ বজাৰত অৰ্থৰ যোগান ধৰাৰ লগতে মানদণ্ডৰ নিশ্চয়তা দিব আৰু আন্তঃৰাষ্ট্ৰীয় বুলিয়ন বজাৰত ভাৰতক সঠিক স্থান লাভ কৰাত সহায় কৰিব। আইআইবিএক্স-এ ভাৰতক মুখ্য উপভোক্তা হিচাপে বিশ্বব্যাপী বুলিয়নৰ মূল্য প্ৰভাৱিত কৰিবলৈ সক্ষম কৰাৰ বাবে ভাৰত চৰকাৰৰ দায়বদ্ধতাৰ ওপৰত পুনৰ জোৰ দিয়ে। প্ৰধানমন্ত্ৰীয়ে এনএছই আইএফএছচি-এছজিএক্স সংযোগৰো শুভাৰম্ভ কৰিব। ই হৈছে গিফ্ট ইণ্টাৰনেচনেল ফাইনেন্সিয়েল চাৰ্ভিচেছ চেণ্টাৰ (আইএফএছচি) আৰু ছিংগাপুৰ এক্সচেঞ্জ লিমিটেড (এছজিএক্স)ত এনএছইৰ সহায়ক কোম্পানীৰ মাজত এক ফ্ৰেমৱৰ্ক। কানেক্টৰ অধীনত, ছিংগাপুৰ এক্সচেঞ্জৰ সদস্যসকলে দিয়া নিফ্টী ডেৰিভেটিভৰ সকলো অৰ্ডাৰ এনএছই-আইএফএছচি অৰ্ডাৰ মেচিং আৰু ট্ৰেডিং প্লেটফৰ্মত প্ৰেৰণ কৰা হ'ব আৰু মেচিং কৰা হ'ব। ভাৰতৰ পৰা আৰু সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় অধিকাৰ ক্ষেত্ৰৰ ব্ৰোকাৰ-ডীলাৰসকলে কানেক্টৰ জৰিয়তে ব্যৱসায় ডেৰিভেটিভৰ বাবে বৃহৎ সংখ্যাত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ই গিফ্ট-আইএফএছচিত ডেৰিভেটিভ বজাৰত তৰলতা গভীৰ কৰিব, অধিক আন্তৰ্জাতিক অংশগ্ৰহণকাৰী আনিব আৰু গিফ্ট-আইএফএছচিত বিত্তীয় পৰিস্থিতিতন্ত্ৰৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব। তামিলনাডুত প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে চেন্নাইৰ জেএলএন ইণ্ডোৰ ষ্টেডিয়ামত ২৮ জুলাইত এক বিশাল অনুষ্ঠানত ৪৪ তম দবা অলিম্পিয়াডৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে ২০২২ চনৰ ১৯ জুনত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে দবা অলিম্পিয়াড টৰ্চ ৰিলে উদ্বোধন কৰিছিল। এই শিখাই ৪০ দিন ধৰি দেশৰ ৭৫খন আইকনিক স্থান ভ্ৰমণ কৰিছিল, প্ৰায় ২০,০০০ কিলোমিটাৰ অতিক্ৰম কৰিছিল আৰু চুইজাৰলেণ্ডৰ এফআইডিইৰ মুখ্য কাৰ্যালয়লৈ যোৱাৰ আগতে মহাবলিপুৰমত সমাপ্ত হৈছিল। ২০২২ চনৰ ২৮ জুলাইৰ পৰা ৯ আগষ্টলৈ চেন্নাইত ৪৪ তম দবা অলিম্পিয়াড অনুষ্ঠিত হব। ১৯২৭ চনৰ পৰা আয়োজিত এই সন্মানীয় প্ৰতিযোগিতাখন ভাৰতত প্ৰথমবাৰৰ বাবে আৰু এছিয়াত ৩০ বছৰৰ পিছত আয়োজন কৰা হৈছে। ১৮৭ খন দেশে অংশগ্ৰহণ কৰাৰ সৈতে, যিকোনো দবা অলিম্পিয়াডত ই সৰ্ববৃহৎ অংশগ্ৰহণ হ'ব। ভাৰতেও প্ৰতিযোগিতাখনত ইয়াৰ আটাইতকৈ ডাঙৰ দলটো প্ৰেৰণ কৰছে য'ত ৬ টা দলৰ ৩০ জন খেলুৱৈ আছে। প্ৰধানমন্ত্ৰীয়ে ২৯ জুলাইত চেন্নাইৰ সন্মানীয় আন্না বিশ্ববিদ্যালয়ৰ ৪২ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কাৰ্যসূচীৰ সময়ত, তেওঁ ৬৯ জন স্বৰ্ণ পদক বিজয়ীক সোণৰ পদক আৰু প্ৰমাণপত্ৰ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত সমবেত লোকসকলক সম্বোধন কৰিব। ১৯৭৮ চনৰ ৪ ছেপ্টেম্বৰত আন্না বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। ইয়াক তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চি এন আন্নাদুৰাইৰ নামেৰে নামাকৰণ কৰা হৈছে। ইয়াত ১৩খন মান্যতাপ্ৰাপ্ত মহাবিদ্যালয়, সমগ্ৰ তামিলনাডুত ৪৯৪ খন অনুমোদিত মহাবিদ্যালয় আৰু ৩টা আঞ্চলিক চৌহদ আছে। সেইসমূহ আছে-তিৰুনেলভেলি, মাদুৰাই আৰু কইম্বাটুৰ।
প্ৰধানমন্ত্ৰীয়ে ২৮-২৯ জুলাইত গুজৰাট আৰু তামিলনাডু ভ্ৰমণ কৰি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A6%BF%E0%A6%AC%E0%A6%BF%E0%A6%8F%E0%A6%9B%E0%A6%87%E0%A7%9F%E0%A7%87-%E0%A6%A6%E0%A6%B6%E0%A6%AE-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%A3%E0%A7%80%E0%A7%B0-%E0%A6%AB%E0%A6%B2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A6%BF%E0%A6%AC%E0%A6%BF%E0%A6%8F%E0%A6%9B%E0%A6%87%E0%A7%9F%E0%A7%87-%E0%A6%A6%E0%A6%B6%E0%A6%AE-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%A3%E0%A7%80%E0%A7%B0-%E0%A6%AB%E0%A6%B2/
চিবিএছইয়ে দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰাৰ পাছত প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাইছে। এটা টুইটত, প্ৰধানমন্ত্ৰীয়ে কয়: "মই সেই সকলোকে অভিনন্দন জনাইছো যিসকল তেওঁলোকৰ চিবিএছই দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। মই তেওঁলোকক সন্মুখত থকা এটা ফলপ্ৰসু শৈক্ষিক যাত্ৰাৰ বাবে শুভেচ্ছা জনাইছো। মই নিশ্চিত যে অনাগত সময়ত এই নৱ প্ৰজন্মই সফলতাৰ নতুন উচ্চতাত আৰোহণ কৰিব।"
চিবিএছইয়ে দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰাৰ পাছত প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A7%80%E0%A6%A8%E0%A7%B0-%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%AE%E0%A7%87%E0%A6%A8%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A7%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A7%80%E0%A6%A8%E0%A7%B0-%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%AE%E0%A7%87%E0%A6%A8%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A7%A8/
১. অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা সম্পৰ্কীয় ব্রিক্‌ছ কৰ্মসূচী। ২. উদ্ভাৱন ক্ষেত্রত সহযোগিতা বৃদ্ধিৰ ব্রিক্‌ছ কৰ্মসূচী(২০১৭-২০২০)। ৩. ব্রিক্‌ছ ৰাষ্ট্রসমূহৰ মাজত কাষ্টমছ সম্পর্কীয় বিষয়ৰ সহযোগিতা বৃদ্ধিৰ কৌশলগত পৰিকাঠামো। ৪. কৌশলগত সহযোগিতাৰ অৰ্থে ব্রিক্‌ছ ব্যৱসায়িক পৰিষদ আৰু নিউ ডেভেলপমেণ্ট বেংকৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ।
চীনৰ জিয়ামেনত অনুষ্ঠিত ২০১৭ৰ ব্ৰিকছ সন্মিননত সময়ত ব্রিক্‌ছ নেতাৰ উপস্থিতিত স্বাক্ষৰিত দস্তাৱেজ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%A7%E0%A6%BE%E0%A7%B0-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%AF-%E0%A6%86%E0%A6%87%E0%A6%A8-%E0%A6%B8%E0%A6%82%E0%A6%B6/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%A7%E0%A6%BE%E0%A7%B0-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%AF-%E0%A6%86%E0%A6%87%E0%A6%A8-%E0%A6%B8%E0%A6%82%E0%A6%B6/
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৌৰহিত্যত কেন্দ্রীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত আধাৰ আইন সংশোধনী ২০১৬, ধন আত্মসাৎ প্রতিৰোধ (সংশোধনী) আইন ২০০৫ আৰু ভাৰতীয় টেলিগ্রাম আইন (সংশোধনী), ১৮৮৫ সংক্রান্তীয় এক অধ্যাদেশ জাৰি কৰাৰ সিদ্ধান্তলৈ অনুমোদন প্ৰদান কৰা হৈছে। উল্লেখ্য যে ২০১৯ চনৰ ৪ জানুৱাৰী তাৰিখে লোকসভাত এই সংক্রান্তীয় যি বিধেয়ক গৃহীত হৈছে, এই অনুৰূপেই অধ্যাদেশসমূহৰ মূল বিষয়বস্তু হ’ব। নতুন সংশোধনীৰ ফলত ভাৰতৰ অন্যতম পৰিচিত কর্তৃপক্ষ UID কর্তৃপক্ষৰ এক বিশেষ ব্যৱস্থা গঢ়ি তোলাৰ কথাও এই অধ্যাদেশত উল্লেখ কৰা হৈছে। আধাৰ আইন উলঙ্ঘন কৰিলে তাৰ যথোপযুক্ত শাস্তিৰ বিধানো এই অধ্যাদেশত উল্লেখ কৰা হৈছে।
আধাৰ আৰু অন্যান্য আইন (সংশোধনী) সংক্রান্তীয় অধ্যাদেশ, ২০১৯ লৈ কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AA%E0%A7%81%E0%A7%B1%E0%A6%BE-%E0%A7%AF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AA%E0%A7%81%E0%A7%B1%E0%A6%BE-%E0%A7%AF/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা ৯:৩০ বজাত ভাৰতীয় দলটোৰ সৈতে মত-বিনিময় কৰিব। তেওঁ কয় যে এই ভাৰতীয় দলটোৱে ইতিহাস সৃষ্টি কৰিছে আৰু প্ৰতিজন ভাৰতীয়ৰ মুখত হাঁহি আনিছে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে: “আজি পুৱা ৯:৩০ বজাত Deaflympics ভাৰতীয় দলৰ সৈতে মত বিনিময় কৰিম। এই সমগ্ৰ ভাৰতীয় দলটোৱে ইতিহাস সৃষ্টি কৰিছে আৰু প্ৰতিজন ভাৰতীয়ৰ মুখত হাঁহি আনিছে।”
প্ৰধানমন্ত্ৰীয়ে পুৱা ৯:৩০ বজাত ভাৰতীয় দলৰ সৈতে বাৰ্তালাপ কৰিব
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%A8%E0%A6%BF%E0%A7%9F%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A6%BF%E0%A6%A4-%E0%A6%B8%E0%A6%9E%E0%A7%8D%E0%A6%9A%E0%A7%9F-%E0%A6%86%E0%A6%81%E0%A6%9A%E0%A6%A8%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%A8%E0%A6%BF%E0%A7%9F%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A6%BF%E0%A6%A4-%E0%A6%B8%E0%A6%9E%E0%A7%8D%E0%A6%9A%E0%A7%9F-%E0%A6%86%E0%A6%81%E0%A6%9A%E0%A6%A8%E0%A6%BF/
প্ৰধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত অনিয়ন্ত্রিত সঞ্চয় আঁচনি নিষিদ্ধকৰণ বিধেয়ক, ২০১৮ৰ সংশোধনৰ প্ৰস্তাৱ অনুমোদন জনোৱা হৈছে। বিত্ত মন্ত্ৰালয়ৰ স্থায়ী কমিটীৰ পৰামৰ্শৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছে৷ ২০১৮ৰ ১৮জুলাইত অনিয়ন্ত্রিত সঞ্চয় আঁচনি নিষিদ্ধকৰণ বিধেয়ক, ২০১৮উত্থাপন কৰা হৈছিল। পৰৱৰ্তী সময়ত বিধেয়কখন বিত্ত মন্ত্ৰালয়ৰ স্থায়ী কমিটীলৈ বিবেচনাৰ বাবে পঠোৱা হয়। চলিত বৰ্ষৰ ৩ জানুৱাৰীত কমিটীয়ে এই সন্দৰ্ভত তেওঁলোকৰ প্ৰতিবেদন প্ৰদান কৰে৷ বিধেয়কখনিত প্ৰস্তাৱিত সংশোধনীসমূহৰ ফলত দেশত ভুৱা চীটফাণ্ডৰ সমস্যা প্ৰতিৰোধ আইনখন আৰু অধিক কঠোৰ হ’ব৷ ফলস্বৰূপে দেশত দৰিদ্ৰ লোকসকলৰ কষ্টোপার্জিত ধনৰাশিৰ অপচয় প্ৰতিৰোধ কৰাটো সম্ভৱ হ’ব৷ বিধেয়কখনিত অনিয়ন্ত্রিত সঞ্চয় আঁচনি গ্ৰহণৰ কাম হাতত লোৱা আৰু এই বিষয়ত বিজ্ঞাপন প্ৰচাৰ নিষিদ্ধ কৰাৰ ব্যৱস্থা আছে। তদুপৰি, কোনোপ্ৰকাৰে এই ধৰণৰ চীটফাণ্ড প্ৰকল্পৰ জৰিয়তে ধন সংগ্ৰহ কৰিব পৰা নাযাব৷ সংশোধনী প্ৰক্ৰিয়াৰ নীতি হৈছে অনিয়ন্ত্রিত সঞ্চয় আঁচনি জৰিয়তে সংগ্ৰহ কৰাটো সম্পূর্ণভাবে নিষিদ্ধ কৰা হ’ব৷ বর্তমান প্ৰচলিত ব্যৱস্থাত ভুৱা বিনিয়োগ প্ৰকল্পৰ জৰিয়তে ধন সংগ্ৰহৰ পাছত আইনগত ব্যৱস্থা দিহা কৰা হৈছে৷ বিধেয়কখনিত এই ধৰণৰ অনিয়ন্ত্রিত সঞ্চয় আঁচনি চলোৱা, নিয়ন্ত্রিত সঞ্চয় আঁচনিত প্ৰতাৰণামূলক ভুল-ত্ৰুটি আৰু চীটফাণ্ড প্ৰকল্পত ধন বিনিয়োগৰ বাবে জনসাধাৰণক প্ৰলোভিত কৰাৰ কামক অপৰাধ হিচাপে গণ্য কৰাৰ কথা কোৱা হৈছে৷ বিধেয়কখনিত অপৰাধীসকলক কঠোৰ শাস্তি আৰু বৃহৎ পৰিমাণ ধন জৰিমনাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি, বিধেয়কখনিত ভুৱা চীটফাণ্ডৰ বাবে সংগৃহীত ধন ঘুৰাই দিয়াৰ পর্যাপ্ত ব্যৱস্থা উল্লেখ কৰা হৈছে৷ ইয়াৰ জৰিয়তে চীটফাণ্ডৰ সংগঠক বা মালিকৰ সম্পত্তি বাজেয়াপ্ত কৰি গ্রাহকসকলৰ টকা ঘুৰাই দিয়া ব্যৱস্থা কৰা হৈছে৷ এই ধৰণৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ লগতে সেইবোৰ বিক্রী কৰি গ্রাহকসকলক ঘুৰাই দিয়াৰ বাবে নির্দিষ্ট সময়সীমা থাকিব৷ সমগ্ৰ দেশত সকলো ধৰণৰ ধন সঞ্চয় সংগ্ৰহৰ তথ্যৰ এটি অনলাইন কেন্দ্রীয় তথ্য ভাণ্ডাৰ প্ৰস্তুত কৰি তাত ৰখা হ’ব৷ বিধেয়কখনিত ‘সঞ্চয় সংগ্রাহক’ তথা ‘সঞ্চয়’ৰ সাৰ্বজনীন সংজ্ঞা দিয়া হৈছে৷ আইনৰ দ্বাৰা অনুমোদিত বিশেষ কেইটামান ক্ষেত্ৰক বাদ দি কোনো ব্যক্তি বা সংস্থাই সঞ্চয় প্ৰকল্পৰ জৰিয়তে ধন সংগ্ৰহ বা ধন সংগ্ৰহৰ বাবে উৎসাহিত কৰিলে তেওঁক ‘সংগ্রাহক’ হিচাপে ধৰা হ’ব৷ বিধেয়কখনি কার্যকৰী কৰাৰ প্রাথমিক দায়িত্ব ৰাজ্য চৰকাৰসমূহৰ হাতত থাকিব৷ বৰ্তমান সময়ত দেশজুৰি ব্যাপি থকা ভুৱা চীটফাণ্ড সমস্যা সমাধানৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে৷
অনিয়ন্ত্রিত সঞ্চয় আঁচনি নিষিদ্ধকৰণ বিধেয়ক, ২০১৮ৰ সংশোধনী প্ৰস্তাৱ কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F%E0%A7%B0-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A7%81%E0%A6%9A%E0%A7%B0-%E0%A6%8F%E0%A6%9F%E0%A6%BE-%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A6%96%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F%E0%A7%B0-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A7%81%E0%A6%9A%E0%A7%B0-%E0%A6%8F%E0%A6%9F%E0%A6%BE-%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A6%96%E0%A6%BE/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ভাৰুচৰ এটা কাৰখানাত সংঘটিত দুৰ্ঘটনাত কেইবাগৰাকীও লোকে প্ৰাণ হেৰুওৱাৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি(পিএমএনআৰএফ)ৰ পৰা ঘটনাটোত নিহতসকলৰ পৰিয়ালৰ লোকক ২ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে; “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰুচৰ এটা কাৰখানাত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱাৰ ঘটনাত শোক প্ৰকাশ কৰিছে। তেওঁ শোকসন্তপ্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে। মৃতকৰ নিকটাত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাৰ অুদান আগবঢ়োৱা হ’ব।”
গুজৰাটৰ ভাৰুচৰ এটা কাৰখানাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-2/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ পূণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। “আমি শাস্ত্ৰী জীৰ পূণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।তেখেতৰ প্ৰভাৱশালী সেৱা আৰু সাহসী নেতৃত্বক ভাৱিষ্যতৰ প্ৰজন্মই সদায় মনত ৰাখিব”, প্ৰধানমন্ত্ৰীগৰকীয়ে কয়।
প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ পূণ্য তিথিত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%9A%E0%A6%A8%E0%A6%A4-%E0%A6%9C%E0%A7%9F%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%9A%E0%A6%A8%E0%A6%A4-%E0%A6%9C%E0%A7%9F%E0%A7%B0/
ৰাছিয়াত কালি অনুষ্ঠিত ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰ ৰাষ্ট্ৰপতি হিচাপে জয়ৰ পাছতে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক ফোনযোগে অভিনন্দন জ্ঞাপন কৰে। পুটিনৰ সফলতাৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ নেতৃত্বত ভাৰত আৰু ৰাছিয়াই ‘বিশেষ আৰু অধিক সুবিধাজনক কৌশলগত সহযোগিতা’ৰে’ অধিক শক্তিশালী ৰূপত বিকাশৰ ধাৰাবাহিকতা বৰ্তাই ৰাখিব পাৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে চলিত বৰ্ষৰ শেষভাগত বাৰ্ষিক সন্মিলনত ৰাষ্ট্ৰপতি পুটিনক ভাৰতত আদৰণী জনাবলৈ আগ্ৰহ প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি পুটিনে ফোন কলৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায়। তেওঁ ভাৰত-ৰাছিয়াৰ মাজৰ সম্পৰ্কক প্ৰতিটো স্তৰতে শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদানৰ লগতে ভাৰত আৰু ইয়াৰ লোকসকলৰ প্ৰগতিৰ ধাৰা অব্যাহত থকাটো বিচাৰে।
ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ৰ পাছতে পুটিনলৈ অভিনন্দনসূচক ফোন প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%8B%E0%A6%A8%E0%A7%87%E0%A6%9B%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%A7%E0%A7%8D%E0%A6%AF-%E0%A6%9B%E0%A7%81%E0%A6%B2%E0%A6%BE%E0%A7%B1%E0%A7%87/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%8B%E0%A6%A8%E0%A7%87%E0%A6%9B%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%A7%E0%A7%8D%E0%A6%AF-%E0%A6%9B%E0%A7%81%E0%A6%B2%E0%A6%BE%E0%A7%B1%E0%A7%87/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ মধ্য ছুলাৱেছীত ছুনামি আৰু ভূমিকম্পত প্ৰাণহানি হোৱাৰ সকলৰ লগতে বিধ্বংসী অৱস্থাৰ বাবে গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় “ইণ্ডোনেছিয়াৰ মধ্য ছুলাৱেছীত ছুনামি আৰু ভূমিকম্পত প্ৰাণহানি হোৱাৰ সকলৰ লগতে বিধ্বংসী অৱস্থাৰ বাবে দুখিত হৈছো। ইয়াৰ বাবে মই গভীৰ শোক প্ৰকাশ কৰিছো। সামূদ্ৰিক প্ৰতিবেশী দেশখনৰ সংকটৰ সময়ত ভাৰতে তেওঁলোকৰ ওচৰত থিয় দিছে।”
ইণ্ডোনেছিয়াৰ মধ্য ছুলাৱেছীত ছুনামি আৰু ভূমিকম্পৰ ফলত প্ৰাণহানি হোৱাৰ সকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%96%E0%A6%BE%E0%A6%A6%E0%A7%8D%E0%A6%AF-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A7%81%E0%A6%A4%E0%A6%95%E0%A7%B0%E0%A6%A3-%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%96%E0%A6%BE%E0%A6%A6%E0%A7%8D%E0%A6%AF-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A7%81%E0%A6%A4%E0%A6%95%E0%A7%B0%E0%A6%A3-%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%B0/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি খাদ্য প্ৰস্তুতকৰণ আৰু ইয়াৰ লগত জড়িত বিশ্বৰ শীৰ্ষ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে। এই মত বিনিময় আছিল চলিত ৱৰ্ল্ড ফুড ইণ্ডিয়া ইভেণ্টৰ এক অংশ। মত বিনিময় অনুষ্ঠান ভাগ লোৱাসকলৰ ভিতৰত আমাজন(ইণ্ডিয়া), এমৱে, ব্ৰিটানিয়া ইণ্ডাষ্ট্ৰীজ, কাৰ্গিল এছিয়া পেচিফিক, কোকা-কোলা ইণ্ডিয়া, ডেনফছ, ফিউচাৰ গ্ৰুপ, গ্লেক্সস্মিথক্লাইন, ইছেফুড, আইটিচি, কিক্কোমান, লুলু গ্ৰুপ, মেককেইন, মেট্ৰ’ কেছ এণ্ড কেৰী, মণ্ডেলেজ ইণ্টাৰনেচনেল, নেচলে, অএছআই গ্ৰুপ, পেপছিকো ইণ্ডিয়া, ছিলড এয়াৰ, শ্বাৰফ গ্ৰুপ, স্পাৰ ইণ্টাৰনেচনেল, দ্য হাইন চেলেষ্টিয়েল গ্ৰুপ, দ্য হাৰ্ছি কোম্পানী, ট্ৰেণ্ট লিমিটেড এণ্ড ৱালমাৰ্ট ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু বিষয়াসকল উল্লেখযোগ্য। অনুষ্ঠানত খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰী শ্ৰীমতী হৰছিমৰত কৌৰ বাদল, খাদ্য প্ৰস্তুতকৰণ উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী সাধৱী নিৰঞ্জন জ্যোতি আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। মুখ্য কাৰ্যবাহী বিষয়াসকলে বিশ্ব বেংকৰ শেহতীয়া ইজ ডুইং বিজিনেছৰ প্ৰতিবেদনত ভাৰতৰ ৰেংক উন্নীত হোৱাৰ বাবে প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰে। অধিকাংশ মুখ্য কাৰ্যবাহী বিষয়াই প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কৃষকৰ আয় দুগুন কৰাৰ সপোন আৰু বিগত তিনি বছৰত অৰ্থনৈতিক সংস্কাৰৰ অগ্ৰগতি আৰু উন্নতিৰ বাবে প্ৰেৰিত হোৱা বুলি কয়। তেওঁলোকে বিশেষকৈ গাঁথনিগত সংস্কাৰ তথা ব্যাপক প্ৰচেষ্টা যেনে জিএছটি আৰু এফডিআইৰ ক্ষেত্ৰত উদাৰ মনোভাৱক প্ৰশংসা কৰে। অংশগ্ৰহণকাৰীসকলেও খাদ্য প্ৰস্তুতকৰণ খণ্ডত উৎপাদন বৃদ্ধি, খাদ্য আৰু পুষ্টি নিৰাপত্তা, নিয়োগ সৃষ্টিৰ লগতে ইয়াৰ মুল্য সংযোজনত অধিক গুৰুত্ব আৰোপ কৰে। মুখ্য কাৰ্যবাহী বিষয়াসকলে ভাৰতৰ খাদ্য প্ৰস্তুতকৰণ, কৃষি, আইনী আৰু খুচুৰা বিক্ৰীৰ সামগ্ৰিক বিকাশৰ প্ৰচেষ্টাক সামৰি এক আলোকপাত আগবঢ়ায়। তেওঁলোকে খেতি চপোৱাৰ পাছৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে পূৰ্বৰ সূযোগৰ প্ৰতি আগ্ৰহ প্ৰদৰ্শন কৰে। তেওঁলোকে ভাৰতৰ বিকাশৰ যাত্ৰাত সহযোগী হোৱাৰ নিশ্চয়তা প্ৰদান কৰে। মুখ্য কাৰ্যবাহী বিষয়াসকলে আগবঢ়োৱা মতামতক ধন্যবাদ জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ পৰ্যবেক্ষনত ভাৰত সম্পৰ্কে অসাধাৰণ উদ্দীপনাকে নিৰ্দেশ কৰে। প্ৰধানমন্ত্ৰীয়ে মুখ্য কাৰ্যবাহী বিষয়াসকলৰ পৰামৰ্শৰ গুৰু্ত্বক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণকাৰীসকলে কৃষিজাত উৎপাদিত সামগ্ৰী আৰু কৃষকৰ আয় দুগুন কৰাৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাসমূহক আদৰণী জনায়। বিশেষকৈ, তেওঁ কয় যে ভাৰতৰ বৰ্ধিত মধ্যবিত্ত শ্ৰেণী আৰু চৰকাৰৰ নীতিগত প্ৰচেষ্টাই খাদ্য প্ৰস্তুতকৰণ ব্যৱস্থাৰ সকলো অংশগ্ৰহণকাৰীক ব্যাপক সূযোগ প্ৰদান কৰে বুলি কয়। প্ৰধানমন্ত্ৰীয়ে কৃষকৰ উৎপাদন ব্যয় হ্ৰাস আৰু কৃষিজাত উৎপাদিত সামগ্ৰীৰ অপচয় ৰোধৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ সংকল্পৰ কথা উল্লেখ কৰে। তেওঁ বিশ্বৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক ভাৰতত অধিক উৎপাদন কৰাৰ ক্ষেত্ৰত নিয়োজিত হ’বলৈ আহ্বান জনায়। ইয়াৰ পূৰ্বে শ্ৰীমতী হৰছিমৰত কৌৰ বাদলে খাদ্য প্ৰস্তুতকৰণ খণ্ডত বিনিয়োগ বৃদ্ধিৰ প্ৰতি চৰকাৰী নীতিৰ সন্দৰ্ভত চমুকৈ ব্যাখ্যা কৰে।
খাদ্য প্ৰস্তুতকৰণ খণ্ডৰ বিশ্বৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AF%E0%A7%8B%E0%A6%B6%E0%A7%80%E0%A6%AE%E0%A6%A0-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%B0%E0%A7%8D%E0%A6%AD%E0%A6%A4-%E0%A6%89%E0%A6%9A%E0%A7%8D%E0%A6%9A-%E0%A6%AA%E0%A7%B0%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AF%E0%A7%8B%E0%A6%B6%E0%A7%80%E0%A6%AE%E0%A6%A0-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%B0%E0%A7%8D%E0%A6%AD%E0%A6%A4-%E0%A6%89%E0%A6%9A%E0%A7%8D%E0%A6%9A-%E0%A6%AA%E0%A7%B0%E0%A7%8D/
প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি কে মিশ্ৰই আজি আবেলি প্ৰধানমন্ত্ৰীৰ কাৰ্যলয়ত কেবিনেট সচিব, ভাৰত চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্যসকলৰ উপস্থিতিৰে এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা সভা অনুষ্ঠিত কৰিব। যোশীমঠৰ জিলা বিষয়াসকলেও এই সভাত ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰ জৰিয়তে অংশগ্ৰহণ কৰিব। উত্তৰাখণ্ডৰ জ্যেষ্ঠ বিষয়াবৰ্গইয়ো ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰ জৰিয়তে সভাখনত ভাগ ল’ব।
যোশীমঠ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ সভা অনুষ্ঠিত কৰিব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A7%8C%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A7%8C%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0/
উত্তৰ প্ৰদেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, লক্ষ্ণৌৰ সাংসদ আৰু ভাৰত চৰকাৰৰ আমাৰ জ্যেষ্ঠ সতীৰ্থ শ্ৰী ৰাজনাথ সিং জী, কেন্দ্ৰীয় কেবিনেটত মোৰ আন-আন সতীৰ্থসকল, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, ৰাজ্য চৰকাৰখনৰ মন্ত্ৰীসকল, বিধানসভা আৰু বিধান পৰিষদৰ অধ্যক্ষসকল, উদ্যোগৰ সকলো সতীৰ্থ, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলা আৰু ভদ্ৰ লোকসকল! আৰম্ভণিতে মই বিনিয়োগকাৰীসকলক উত্তৰ প্ৰদেশৰ কাশীৰ সাংসদ হিচাপে আদৰণি জনাইছো। মই বিনিয়োগকাৰীসকলক উত্তৰ প্ৰদেশৰ যুৱ শক্তিৰ ওপৰত আস্থা ৰখাৰ বাবে ধন্যবাদ জনাইছো। উত্তৰ প্ৰদেশৰ যুৱ শক্তিয়ে আপোনালোকৰ সপোন আৰু সংকল্পক এক নতুন মাত্ৰা প্ৰদানৰ সম্ভাৱনা আছে। মই আপোনালোকক উত্তৰ প্ৰদেশৰ যুৱপ্ৰজন্মৰ কঠোৰ পৰিশ্ৰম, প্ৰচেষ্টা, সামৰ্থ্য, বুজাবুজি আৰু সমৰ্পণে আপোনালোকৰ সকলো সপোন আৰু সংকল্প পৰিপূৰণ কৰিব বুলি দৃঢ়তাৰে ক’ব খুজিছো। আপোনালোক বহু ব্যস্ত বুলি মই জানো, অথচ কাশীৰ সাংসদ হিচাপে মই আপোনালোকক কিছু সময় লৈ মোৰ কাশীলৈ যাবলৈ আহ্বান জনাইছো, যি বহু সলনি হৈছে। বিশ্বৰ এনে এখন চহৰক ইয়াৰ প্ৰাচীন প্ৰভাৱ অক্ষুন্ন ৰাখি নতুন ৰূপত সজাই তুলিব পৰাটো উত্তৰ প্ৰদেশৰ সম্ভাৱনাৰেই এক জীৱন্ত উদাহৰণ। বন্ধুসকল, আজি উত্তৰ প্ৰদেশত ৮০,০০০ কোটি টকাৰো অধিক মূল্যৰ বিনিয়োগ সম্পৰ্কীয় চুক্তি স্বাক্ষৰ কৰা হৈছে। এই অভিলেখ পৰিমাণৰ বিনিয়োগে উত্তৰ প্ৰদেশত হাজাৰ-হাজাৰ নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব। ই ভাৰতৰ লগতে উত্তৰ প্ৰদেশৰ বিকাশ যাত্ৰাৰ প্ৰতি বৰ্ধিত বিশ্বাসৰ কথা স্পষ্ট হৈ পৰিছে। এই কাৰ্য্যসূচীৰ বাবে উত্তৰ প্ৰদেশৰ যুৱক-যুৱতীসকললৈ মোৰ বিশেষ অভিনন্দন জ্ঞাপন কৰিলো, কিয়নো উত্তৰ প্ৰদেশৰ যুৱক-যুৱতী আৰু নৱ প্ৰজন্মই ইয়াৰ সৰ্বাধিক লাভ অৰ্জন কৰিবলৈ অগ্ৰসৰ হৈছে। বন্ধুসকল, আমি সম্প্ৰতি আমাৰ স্বাধীনতাৰ ৭৫ বছৰ অৰ্থাৎ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছো। এই সময়ছোৱা হৈছে ‘সবকা প্ৰয়াস’ (everyone’s efforts) মন্ত্ৰৰে নতুন সংকল্প আৰু লক্ষ্যত উপনীত হ’বলৈ অহা ২৫ বছৰৰ বাবে ‘অমৃত কাল’। বৰ্তমানৰ বিশ্ব পৰিস্থিতিয়েও আজি আমাৰ বাবে বৃহৎ সুযোগৰ সঞ্চাৰ কৰিছে। বিশ্বখনে আজি এক বিশ্বাসযোগ্য অংশীদাৰৰ সন্ধান কৰিছে আৰু কেৱল আমাৰ গণতান্ত্ৰিক ভাৰতৰহে ইয়াৰ পালনৰ সম্ভাৱনা আছে। আজি বিশ্বখনেও ভাৰতৰ সম্ভাৱনাক চাই আছে আৰু ভাৰতৰ প্ৰদৰ্শনৰ শলাগ লৈছে। ক’ৰোনাৰ সময়ছোৱাতো ভাৰত থমকি ৰোৱা নাছিল, বৰঞ্চ ইয়াৰ সংস্কাৰ সাধনৰ মাত্ৰা বৃদ্ধি কৰিছিল৷ ইয়াৰ ফল আমি সকলোৱে আজি দেখিবলৈ পাইছো। জি-২০ অৰ্থনীতিসমূহৰ ভিতৰত আমি দ্ৰুততম বিকাশশীল দেশ। আজি ভাৰত গ্ল’বেল ৰিটেইল ইনডেক্সত দ্বিতীয় স্থানত আছে। ভাৰত বিশ্বখনৰ তৃতীয় বৃহত্তম শক্তি উপভোক্তা দেশ। যোৱা এটা বছৰত ১০০ খনৰো অধিক দেশৰ পৰা অভিলেখ পৰিমাণৰ $৮৪ বিলিয়নৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ সঞ্চাৰ ঘটিছিল। ভাৰতে যোৱাটো বিত্তীয় বৰ্ষত $৪১৭ বিলিয়নৰো অধিক মূল্য অৰ্থাৎ ৩০ লাখ কোটি টকাৰ ব্যৱসায়িক সামগ্ৰী ৰপ্তানিৰ এক নতুন অভিলেখ গঢ়িছে। বন্ধুসকল, এখন ৰাষ্ট্ৰ হিচাপে এতিয়া হৈছে আমাৰ সহভাজিত প্ৰচেষ্টাক বহুগুণে বৃদ্ধি কৰাৰ সময়। এই সময়ত আমি নিজৰ সিদ্ধান্তৰাজিক কেৱল এবছৰ বা পাঁচ বছৰতে সীমাবদ্ধ কৰি ৰাখিব নোৱাৰো। ভাৰতত এক শক্তিশালী উৎপাদন বাতাবৰণ, এক শক্তিশালী আৰু বৈচিত্ৰ্যপূৰ্ণ মূল্য আৰু যোগান শৃংখল গঢ়ি তুলিবলৈ সকলোৰে বৰঙণি আৱশ্যকীয়। চৰকাৰখনে নিজৰ ফালৰপৰা নিৰন্তৰভাৱে নীতি যুগুতৰ লগতে পুৰণি নীতিৰ সংশোধন কৰি আছে। অলপতে কেন্দ্রৰ এনডিএ চৰকাৰখনে আঠ বছৰ সম্পূৰ্ণ কৰিছে। বহু বছৰ ধৰি আমি, যোগী জীয়ে এতিয়া ব্যাখ্যা আগবঢ়োৱাৰ দৰে সংস্কাৰ-সম্পন্ন-ৰূপান্তৰ (Reform-Perform-Transform) ৰ মন্ত্ৰটোৰে অগ্ৰসৰ হৈছো। আমি নীতিগত সুস্থিৰতা, সমন্বয় আৰু ইজ অৱ ডুয়িং বিজনেছৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। বিগত সময়ছোৱাত আমি হাজাৰ-হাজাৰ অনুপালন আৰু পুৰণি আইনৰ বিলুপ্তি সাধন কৰিছো। আমি আমাৰ সংস্কাৰৰাজিৰে ভাৰতক এখনি ৰাষ্ট্ৰ হিচাপে সুদৃঢ়কৰণৰ অৰ্থে কাম কৰিছো। ওৱান নেচন – ওৱান টেক্স জিএছটিয়েই হওঁক, ওৱান নেচন – ওৱান গ্ৰীডেই হওঁক, ওৱান নেচন – ওৱান মবিলিটি কাৰ্ডেই হওঁক, ওৱান নেচন – ওৱান ৰেচন কাৰ্ডেই হওঁক, এই সকলোবোৰ প্ৰচেষ্টাই আমাৰ বিশিষ্ট আৰু স্পষ্ট নীতিকে প্ৰতিফলিত কৰে। দ্বৈত ইঞ্জিনযুক্ত চৰকাৰখন গঠনৰেপৰা উত্তৰ প্ৰদেশতো একেদৰে এই দিশত ক্ষীপ্ৰতাৰে কাম অব্যাহত আছে। বিশেষকৈ উত্তৰ প্ৰদেশত আইন-শৃংখলাজনিত পৰিস্থিতিৰ অগ্ৰগতি সাধন হৈছে, ব্যৱসায়ীসকলৰ আত্মবিশ্বাস ঘূৰি আহিছে আৰু ব্যৱসায়ৰ বাবে উপযুক্ত পৰিবেশৰ সৃষ্টি হৈছে। যোৱা কেইবছৰমানত প্ৰশাসনিক ক্ষমতা আৰু শাসন ব্যৱস্থাৰো অগ্ৰগতি সাধন হৈছে। সেইবাবেই আজি উদ্যোগৰ সতীৰ্থসকলে তেওঁলোকৰ অভিজ্ঞতাৰ ভিত্তিত উত্তৰ প্ৰদেশৰ শলাগ লোৱাৰ লেখীয়াকৈ ৰাইজেও যোগী জীৰ চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিছে। এজন সাংসদ হিচাপে মোৰ অভিজ্ঞতা ব্যক্ত কৰিব খুজিছো। উত্তৰ প্ৰদেশৰ প্ৰশাসন আমি কেতিয়াও ওচৰৰপৰা দেখা নাছিলো। মুখ্যমন্ত্রীৰ বৈঠকত উপস্থিত থকাসকলৰ কাৰ্য্যপন্থা পূৰ্বে বেলেগ আছিল। সাংসদ হোৱাৰ পিছৰেপৰা উত্তৰ প্ৰদেশৰ আমোলাতন্ত্ৰ আৰু প্ৰশাসনৰ প্ৰতি মোৰ বিশ্বাস বহুগুণে বৃদ্ধি পাইছে কিয়নো তেওঁলোকৰপৰা দেশখনে আশা কৰাৰ সম্ভাৱনাই দেখা দিছে। উদ্যোগটোৰ লোকে কোৱা কথাৰ আধাৰত, মই নিজেই এজন সাংসদ হিচাপে এই সম্ভাৱনাৰ অভিজ্ঞতা লাভ কৰিছো। সেয়ে চৰকাৰখনৰ সকলো আমোলা আৰু প্ৰতিজন বিষয়াকে তেওঁলোকৰ দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো। বন্ধুসকল, ৩৭ বছৰৰ পাছত এখন চৰকাৰক পুনৰ শাসনলৈ আনি উত্তৰ প্ৰদেশৰ ৰাইজে নিজৰ ‘সেৱক’ কে দায়িত্ব অৰ্পণ কৰিছে। বন্ধুসকল, উত্তৰ প্ৰদেশত ভাৰতৰ জনসংখ্যাৰ এক পঞ্চমাংশ বা এক ষষ্ঠাংশই বসবাস কৰে। অৰ্থাৎ উত্তৰ প্ৰদেশৰ এজন ব্যক্তিৰ উন্নতি মানে ভাৰতৰ প্ৰতি ছজন ব্যক্তিৰ উন্নতি। উত্তৰ প্ৰদেশে একবিংশ শতিকাটোত ভাৰতৰ বিকাশ যাত্ৰাক এক গতি প্ৰদান কৰিব বুলি মই বিশ্বাস কৰো। আপোনালোকে আগন্তুক ১০ বছৰত উত্তৰ প্ৰদেশে ভাৰতৰ এক প্ৰধান চালিকা শক্তি হ’বলৈ অগ্ৰসৰ হোৱাটো প্ৰত্যক্ষ কৰিব। কঠোৰ পৰিশ্ৰমী লোক থকা, দেশখনৰ মুঠ জনসংখ্যাৰ ১৬ শতাংশৰো অধিক উপভোক্তা ভিত্তি থকা, পাঁচ লাখৰো অধিক জনসংখ্যাৰ এক ডজনৰো অধিক চহৰ থকা উত্তৰ প্ৰদেশক ক্ষীপ্ৰ উন্নয়নৰপৰা কোনে বাধা দিব পাৰে! ইয়াৰ প্ৰতিখন জিলাৰে আছে নিজস্ব বিশেষ সামগ্ৰী, ইয়াত আছে বৃহৎ সংখ্যক এমএছএমই আৰু ক্ষুদ্ৰ উদ্যোগ, ইয়াত বিভিন্ন ঋতুত বিভিন্ন কৃষিজাত সামগ্ৰী, শস্যজাতীয় খাদ্য, ফল-মূল, শাক-পাচলিৰ প্ৰচুৰতা আছে আৰু ৰাজ্যখন গংগা, যমুনা আৰু সৰযূ প্ৰভৃতি একাধিক নদীৰে ধন্য হৈছে। বন্ধুসকল, আমি এই বৰ্ষৰ বাজেটত গংগাৰ দুয়োকাষে ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ৰাসায়নিক সাৰ – বিহীন প্ৰাকৃতিক কৃষিকাৰ্য্য কৰিডৰ গঢ়ি তোলাৰ কথা ঘোষণা কৰিছো। প্ৰতিৰক্ষা কৰিডৰৰ কথা সঘনাই আলোচনা হোৱাৰ বিপৰীতে এই কৰিডৰ সম্পৰ্কে কোনেও নকয়। উত্তৰ প্ৰদেশত গংগাৰ দৈৰ্ঘ্য ১১০০ কিলোমিটাৰৰো অধিক আৰু ই ২৫ ৰপৰা ৩০ খন জিলাৰ মাজেৰে পাৰ হৈ গৈছে। উত্তৰ প্ৰদেশত প্ৰাকৃতিক কৃষিকাৰ্য্যৰ বিশাল সম্ভাৱনাৰ কথা আপুনি কল্পনা কৰকচোন। কেইবছৰমানৰ পূৰ্বে উত্তৰ প্ৰদেশ চৰকাৰখনেও খাদ্য সংসাধন নীতি ঘোষণা কৰিছিল। কৰ্পৰেট জগত আৰু উদ্যোগৰ লোকসকলক আহ্বান জনাই কওঁ যে এয়াই হৈছে কৃষিক্ষেত্ৰত বিনিয়োগৰ সোণালী সুযোগ। বন্ধুসকল, আমাৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰে একে সময়তে ক্ষীপ্ৰতৰ বিকাশৰ বাবে আন্তঃগাঁথনি, বিনিয়োগ আৰু উৎপাদনৰ ক্ষেত্ৰত কাম কৰি আছে। এই বৰ্ষৰ বাজেটত ৭.৫০ লাখ কোটি টকাৰ অভূতপূৰ্ব মূলধন ব্যয় আবন্টন হৈছে এই দিশত এটি পদক্ষেপ। আমি মেনুফেক্সাৰিঙক প্ৰোৎসাহিত কৰিবলৈ পিএলআই আঁচনি ঘোষণা কৰিছো আৰু আপোনালোকেও একেদৰে উত্তৰ প্ৰদেশত ইয়াৰ সুবিধা লাভ কৰিব। উত্তৰ প্ৰদেশত নিৰ্মীয়মান প্ৰতিৰক্ষা কৰিডৰটোৱেও আপোনালোকৰ বাবে বিশাল সম্ভাৱনাৰ সঞ্চাৰ কৰিব। ইয়াৰ পূৰ্বে কেতিয়াও ভাৰতত প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা হোৱা নাছিল। আত্মনিৰ্ভৰ ভাৰত অভিযানটোৰ অধীনত আমি আমদানি নকৰো বুলি ৩০০ টা সামগ্ৰী চিনাক্তকৰণেৰে বলিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰিছো। অৰ্থাৎ প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰলৈ আহিব বিচৰাসকলৰ বাবে সামৰিক সঁজুলিৰে সম্পৰ্কীয় এই ৩০০ টা সামগ্ৰীৰ বাবে এখন নিশ্চিত বজাৰ উপলব্ধ হৈছে। ইয়াৰ জৰিয়তে আপুনিও বহু সুবিধা লাভ কৰিব। বন্ধুসকল, উৎপাদন আৰু পৰিবহণৰ দৰে পৰম্পৰাগত ব্যৱসায়ৰ দাবী পূৰণৰ বাবে আমি ‘ফিজিকেল’ আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ কাম অব্যাহত ৰাখিছো। আধুনিক পাৱাৰ গ্ৰীডেই হওঁক, গেছ পাইপলাইনৰ নেটৱৰ্কেই হওঁক বা মাল্টিমডেল যোগাযোগেই হওঁক, একবিংশ শতিকাৰ প্ৰয়োজনীয়তা অনুসৰি সকলো ক্ষেত্ৰতে কাম অব্যাহত আছে। উত্তৰ প্ৰদেশত এক্সপ্ৰেছৱে এতিয়ালৈকে নিৰ্মাণ কাৰ্য্য নিজৰ বাবেই এক অভিলেখ। আধুনিক এক্সপ্ৰেছৱেৰ এক শক্তিশালী নেটৱৰ্কে উত্তৰ প্ৰদেশৰ সকলো অৰ্থনৈতিক মণ্ডলকে সংযোগ কৰিবলৈ অগ্ৰসৰ হৈছে। উত্তৰ প্ৰদেশে শীঘ্ৰেই আধুনিক ৰে’লৱে আন্তঃগাঁথনিৰ সংগম স্থল হিচাপেও স্বীকৃতি লাভ কৰিবলৈ অগ্ৰসৰ হৈছে। উত্তৰ প্ৰদেশত পূব আৰু পশ্চিমৰ সমৰ্পিত মালবাহী কৰিডৰসমূহৰ আন্তঃসংযোগ হ’বলৈ আগবাঢ়িছে। জেৱাৰকে ধৰি উত্তৰ প্ৰদেশৰ পাঁচটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে ইয়াত আন্তঃৰাষ্ট্ৰীয় যোগাযোগ ব্যৱস্থাটোক অধিক সুদৃঢ় কৰিবলৈ আগবাঢ়িছে। গ্ৰেটাৰ নয়দা আৰু বাৰাণসীতো দুটা মাল্টিমডেল লজিষ্টিক পৰিবহণ হাব নিৰ্মাণ কৰা হৈছে। লজিষ্টিক ক্ষেত্ৰত দেশখনৰ আটাইতকৈ আধুনিক ঔদ্যোগিক আন্তঃগাঁথনিসমৃদ্ধ ৰাজ্যসমূহৰে উত্তৰ প্ৰদেশ সংযুক্ত হৈছে। ক্ৰমবৰ্ধমান এই যোগাযোগ ব্যৱস্থা আৰু বিনিয়োগে উত্তৰ প্ৰদেশৰ যুৱক-যুৱতীসকলৰ বাবে বহু নতুন সুযোগৰ সৃষ্টি কৰিব। বন্ধুসকল, আধুনিক আন্তঃগাঁথনিৰ ক্ষীপ্ৰ উন্নয়নৰ বাবে আমাৰ চৰকাৰে প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন যুগুত কৰি উলিয়াইছে। প্ৰধানমন্ত্ৰী গতিশক্তি পৰিকল্পনাই কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰসমূহ, বিভিন্ন বিভাগ আৰু সংস্থা, স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিগত খণ্ড আৰু বাণিজ্য সম্পৰ্কীয় প্ৰতিষ্ঠানসমূহক একেখন মঞ্চত সমবেত কৰিছে। যিকোনো প্ৰকল্পৰে জড়িত প্ৰতিজন অংশীদাৰে এই মঞ্চৰ জৰিয়তে সঠিক সময়ত তথ্য লাভ কৰিব। সকলোৱে নিজৰ কামৰ অংশ সম্পূৰ্ণৰ সময়োচিত পৰিকল্পনা কৰিব পাৰিব। যোৱা আঠটা বছৰত দেশখনত গঢ় লৈ উঠা প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণৰ সংস্কৃতিক ই নতুন মাত্ৰা প্ৰদান কৰিব। বন্ধুসকল, ডিজিটেল বিপ্লৱ হৈছে যোৱা কেইবছৰে ভাৰতে ক্ষীপ্ৰতাৰে কাম কৰি অহাৰ এক উদাহৰণ। ২০১৪ ত আমাৰ দেশত মাত্ৰ ৬.৫ কোটি ব্ৰডবেণ্ড গ্ৰাহক আছিল। আজি এই সংখ্যাই ৭৮ কোটি অতিক্ৰম কৰিছে। ২০১৪ ত এক জিবি ডাটাৰ মূল্য আছিল প্ৰায় ২০০ টকা। আজি ইয়াৰ মূল্য ১১-১২ টকালৈ হ্ৰাস পাইছে। এনে সস্তীয়া ডাটা উপলব্ধ ভাৰত হৈছে বিশ্বৰ অন্যতম দেশ। ২০১৪ ত দেশখনত ১১ লাখ কিলোমিটাৰ অপটিকেল ফাইবাৰ আছিল। এতিয়া দেশখনত স্থাপন কৰা অপটিকেল ফাইবাৰৰ দৈৰ্ঘ্যই ২৮ লাখ কিলোমিটাৰ অতিক্ৰম কৰিছে। ২০১৪ লৈকে অপটিকেল ফাইবাৰ দেশখনৰ ১০০ খনতকৈয়ো কম গাওঁ পঞ্চায়তত উপনীত হৈছিল। আজি অপটিকেল ফাইবাৰৰে সংযুক্ত গাওঁ পঞ্চায়তৰ সংখ্যায়ো ১.৭৫ লাখ সংখ্যা অতিক্ৰম কৰিছে। ২০১৪ ত দেশখনত মাত্ৰ প্ৰায় ৯০,০০০ কমন চাৰ্ভিচ চেন্টাৰ আছিল। আজি দেশখনত কমন চাৰ্ভিচ চেন্টাৰৰ সংখ্যায়ো ৪ লাখ অতিক্ৰম কৰিছে। আজি বিশ্বৰ প্ৰায় ৪০ শতাংশ ডিজিটেল লেনদেন ভাৰতত হয়। সকলো ভাৰতীয়ই ইয়াকে লৈ গৌৰৱ কৰিব পাৰে। মানুহে নিৰক্ষৰ বুলি কোৱা ভাৰতখনেই আশ্চৰ্য্যজনক কাম কৰি আছে। যোৱা আঠটা বছৰত আমি ডিজিটেল বিপ্লৱৰ ভেটি সুদৃঢ়কৰণৰ ফলশ্ৰুতিত আজি বিভিন্ন খণ্ডৰ বাবে অগণন সম্ভাৱনাৰ সৃষ্টি হৈছে। ইয়াৰপৰা আমাৰ যুৱক-যুৱতীসকল বহু পৰিমাণে লাভৱান হৈছে। ২০১৪ ৰ পূৰ্বে আমাৰ মাত্ৰ কেইশমান ষ্টাৰ্ট-আপ আছিল। কিন্তু আজি দেশখনত পঞ্জীয়নভুক্ত ষ্টাৰ্ট-আপৰ সংখ্যাও প্ৰায় ৭০,০০০ হৈছে। অতি সম্প্ৰতি ভাৰতেও ১০০টা ইউনিকৰ্নৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। আমাৰ নতুন অৰ্থনীতিৰ দাবী পূৰণৰ বাবে প্ৰয়োজনীয় ডিজিটেল আন্তঃগাঁথনিৰ জৰিয়তে আপোনাসৱ বহু পৰিমাণে লাভৱান হ’ব। বন্ধুসকল, মই আপোনালোকক উত্তৰ প্ৰদেশ আৰু আত্ম-নিৰ্ভৰ ভাৰতৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় সকলো খণ্ডতেই সংস্কাৰ সাধন অব্যাহত ৰখাৰ আশ্বাস প্ৰদান কৰিছো। নীতি, সিদ্ধান্ত, উদ্দেশ্য আৰু প্ৰকৃতিৰ বিষয়ত আমি উন্নয়নৰ সৈতে আছো। আমি আপোনালোকৰ প্ৰতিটো প্ৰচেষ্টা আৰু পদক্ষেপকে সমৰ্থন জনাম। পূৰ্ণ উৎসাহেৰে উত্তৰ প্ৰদেশৰ উন্নয়ন যাত্ৰাৰ অংশ হওঁক আৰু উত্তৰ প্ৰদেশৰ ভৱিষ্যতৰ সমান্তৰালভাৱে আপোনালোকৰ ভৱিষ্যতো উজ্জ্বল হৈ উঠিব। এয়া এক জয়-জয়কাৰ ক্ষণ। এই বিনিয়োগসমূহ সকলোৰে বাবে শুভ আৰু লাভজনক হৈ উঠক! এই কামনাৰেই, আপোনালোক আটাইকে শুভেচ্ছা জ্ঞাপন কৰিলো! ধন্যবাদ!
লক্ষ্ণৌত অনুষ্ঠিত উত্তৰ প্ৰদেশ বিনিয়োগকাৰী সন্মিলনৰ যুগান্তকাৰী অনুষ্ঠান @ ৩.০ ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%81-%E0%A6%AA%E0%A7%82%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%81-%E0%A6%AA%E0%A7%82%E0%A7%B0/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু পূৰ্ণিমাৰ পৱিত্ৰ উপলক্ষত জনসাধাৰণক অভিনন্দন জনাইছে। এটা টুইটত, প্ৰধানমন্ত্ৰীয়ে কৈছে; “গুৰু পূৰ্ণিমাৰ অভিনন্দন। এয়া সেই সকলো আদৰ্শ গুৰুৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ দিন, যিসকলে আমাক অনুপ্ৰাণিত কৰিছে, আমাক পৰামৰ্শ দিছে আৰু আমাক জীৱনৰ বিষয়ে বহুত কথা শিকাইছে। আমাৰ সমাজে জ্ঞান প্ৰাপ্তি আৰু বুদ্ধিমত্তাক অতিশয় গুৰুত্ব দিয়ে। আশা কৰিছো যে আমাৰ গুৰুসকলৰ আশীৰ্বাদে ভাৰতক নতুন উচ্চতালৈ লৈ যাব।”
প্রধানমন্ত্রীয়ে গুৰু পূৰ্ণিমাত জনসাধাৰণক অভিনন্দন জনাইছে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AE%E0%A6%9C%E0%A7%80-%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3-%E0%A6%AC%E0%A6%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A7%B0-%E0%A6%9C%E0%A7%9F%E0%A6%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AE%E0%A6%9C%E0%A7%80-%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3-%E0%A6%AC%E0%A6%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A7%B0-%E0%A6%9C%E0%A7%9F%E0%A6%A8/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্যামজী কৃষ্ণ বর্মাৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি ২০০৩ ত ছুইজাৰলেণ্ডৰপৰা ভাৰতলৈ শ্যামজী কৃষ্ণ বর্মাৰ ভষ্ম অনা আৰু ২০১৫ ত যুক্তৰাজ্যৰপৰা তেওঁৰ ৰিইনছটেটমেন্ট চাৰ্টিফিকেট লাভ কৰাৰ কথা দোহাৰে। এলানি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়; মহান ক্ৰান্তিকাৰী আৰু স্বতন্ত্ৰতা সেনানী শ্যামজী কৃষ্ণ বর্মাৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছো। দেশক দাসত্বৰপৰা মুক্ত কৰিবলৈ তেওঁ নিজৰ জীৱনক সমৰ্পিত কৰিছিল। কৃতজ্ঞ ৰাষ্ট্ৰই স্বাধীনতাৰ যুঁজত তেওঁৰ যোগদান কেতিয়াও পাহৰি নাযায়। শ্যামজী কৃষ্ণ বর্মাৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছো। ২০০৩ ত ছুইজাৰলেণ্ডৰপৰা শ্যামজী কৃষ্ণ বর্মাৰ ভষ্ম কঢ়িয়াই অনা আৰু ২০১৫ ত মোৰ যুক্তৰাজ্য ভ্ৰমণৰ সময়ছোৱাত তেওঁৰ ৰিইনছটেটমেন্ট চাৰ্টিফিকেট গ্ৰহণৰ সুযোগ লাভে মোক কৃতাৰ্থ কৰিছিল। ভাৰতৰ যুৱ সমাজে তেওঁৰ সাহসিকতা আৰু মহানতা সন্দৰ্ভত অধিক জনাতো গুৰুত্বপূৰ্ণ।
শ্যামজী কৃষ্ণ বর্মাৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AA%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AA%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF-2/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি দিয়ে। এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে; “মই পণ্ডিত দীনদয়াল উপাধ্যায় জীক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি অৰ্পিত কৰিছো। তেওঁৰ অন্ত্যোদয় আৰু দুখীয়াৰ সেৱা কৰাত মনোবলে আমাক নিৰন্তৰ প্ৰেৰণা দিয়ে। তেওঁক এজন অসাধাৰণ বিচাৰক আৰু বুদ্ধিজীৱীৰ ৰূপতো স্মৰণ কৰা হয়।”
প্ৰধানমন্ত্ৰীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি দিয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%9B%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%9B%E0%A6%BF/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰাছিলিয়াত চৰকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিদ্ৰোহ আৰু লণ্ডভণ্ড কৰাৰ খবৰত চিন্তা প্ৰকাশ কৰিছে। এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে; "ব্ৰাছিলিয়াত চৰকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিদ্ৰোহ আৰু লণ্ডভণ্ড কৰাৰ খবৰত অত্যন্ত চিন্তিত হৈছো। সকলোৱে গণতান্ত্ৰিক পৰম্পৰাক সন্মান কৰা দৰকাৰ। আমি ব্ৰাজিলৰ কৰ্তৃপক্ষৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্থন জনাইছো।"
প্ৰধানমন্ত্ৰীয়ে ব্ৰাছিলিয়াত চৰকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিদ্ৰোহ আৰু লণ্ডভণ্ড কৰাৰ খবৰত চিন্তা প্ৰকাশ কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%85%E0%A6%B9%E0%A6%BE-%E0%A7%AB-%E0%A6%AB/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%85%E0%A6%B9%E0%A6%BE-%E0%A7%AB-%E0%A6%AB/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অহা ৫ ফেব্ৰুৱাৰী শনিবাৰে হায়দৰাবাদ ভ্ৰমণ কৰিব। তেওঁ দিনৰ ২:৪৫ বজাত হায়দৰাবাদত পতনচিৰুত ইন্টাৰনেচনেল ক্রপছ ৰিছার্চ ইন্সটিটিউট ফৰ ছেমি-এৰিড ট্রপিক্স (আইচিআৰআইএছএটি) প্রতিষ্ঠানৰ কেম্পাছলৈ যাব আৰু তাত এই প্রতিষ্ঠানৰ ৫০তম বার্ষিকী উদযাপনৰ সূচনা কৰিব। সেইদিনাই বিয়লি ৫ বজাত প্রধানমন্ত্রীয়ে হায়দৰাবাদত ষ্টেচু অফ ইক্যুৱেলিটি বা সমতাৰ মূর্তি জাতিৰ উদ্দেশ্যে উছৰ্গা কৰিব। একাদশ শতাব্দীৰ ভক্তি সাধক শ্রী ৰামানুজাচার্যৰ স্মৰণত ২১৬ ফুট উচ্চতা বিশিষ্ট এই ষ্টেচুটি গঢ়ি তোলা হৈছে। উল্লেখ কৰিব পাৰি, সাধক ৰামানুজাচার্যই বিশ্বাস, ধর্ম আৰু জাতি সহ জীৱনৰ সকলো ক্ষেত্রত সমতাৰ আদর্শ প্রচাৰ কৰিছিল। পঞ্চলোহা বা পাঁচটি ধাতুৰে এই মূর্তি প্ৰস্তুত হৈছে। ইয়াৰ ভিতৰত আছে সোণ, ৰূপ, তাম, পিতল আৰু জিঙ্ক। ৫৪ ফুট উচ্চতা বিশিষ্ট ভবনৰ ওপৰত মূর্তিটো বহুউৱা হৈছে। এই ভবনৰ নাম হৈছে ভাৰত বেদী। তাত কেইবাটাও ফ্লোৰ বা তল আছে। একো একোটা ফ্লোৰত বৈদিক ডিজিটেল গ্রন্থাগাৰ আৰু গৱেষণাকেন্দ্র, ভাৰতীয় প্রাচীন গ্রন্থ সংগ্রহালয়, থিয়েটাৰ, শ্রী ৰামানুজাচার্যৰ জীৱন আৰু কর্ম সম্পর্কিত শিক্ষামূলক গেলাৰী প্রভৃতি আছে। শ্রী ৰামানুজাচার্যৰ আশ্রমৰ শ্রী চিন্না জিয়াৰ স্বামীয়ে এই মূর্তিটো গঢ়াৰ ধাৰণা দিছে। অনুষ্ঠানত শ্রী ৰামানুজাচার্যৰ জীৱনাদর্শক লৈ এটা থ্রিডি প্ৰেজেন্টেচন দেখুওৱা হ'ব। ইয়াৰ পাছত, প্রধানমন্ত্রীয়ে ১০৮টা দিব্যদিসম বা অলঙ্কাৰ খোদাই কৰা মন্দিৰ ঘুৰি চাব। ষ্টেচু অফ ইক্যুৱেলিটিৰ কাষত ভাৰ্চুৱেল পদ্ধতিত এই মন্দিৰসমূহ তৈয়াৰ কৰা হৈছে। শ্রী ৰামানুজাচার্যই মানুহৰ কল্যাণত নিৰলস কাম কৰিছে। তেওঁ ভাবিছিল যে প্রত্যেক মানুহৰ জাতি, লিঙ্গ, ধর্ম, বর্ণ নির্বিশেষে সমান অধিকাৰ আছে। শ্রী ৰামানুজাচার্যৰ ১০০০তম জন্মবার্ষিকী উপলক্ষে ১২ দিনৰ যি সহস্রাব্দ সমাৰোহৰ আয়োজন কৰা হৈছে, তাৰ অংশ হিচাপে এই ষ্টেচুটোৰ উদ্বোধন কৰা হ'ব। এই অনুষ্ঠানত যোগ দিয়াৰ আগতে প্রধানমন্ত্রীয়ে আইচিআৰআইএছএটি প্রতিষ্ঠানৰ ৫০তম বার্ষিকী উদযাপনৰ সূচনা কৰিব। তেওঁ তাত বৃক্ষ সংৰক্ষণ সম্পর্কীয় জলবায়ু পৰিবর্তন মোকাবিলাত এটা গৱেষণা কেন্দ্র আৰু ৰেপিড জেনেৰেচন এডভান্সমেন্ট ফেচিলিটি চেন্টাৰৰ উদ্বোধন কৰিব। এই গৱেষণা কেন্দ্র দুটাই এছিয়া আৰু ছাব-সাহাৰা আফ্রিকাৰ ক্ষুদ্ৰ কৃষকসকলৰ কল্যাণত কাম কৰিব। এই উপলক্ষে প্রধানমন্ত্রীয়ে আইচিআৰআইএছএটি প্রতিষ্ঠানৰ এটা অভিনৱ নক্সা সম্বলিত প্রতীক আৰু স্মাৰক ডাক টিকট প্রকাশ কৰিব। উল্লেখ কৰিব পাৰি, এছিয়া আৰু ছাব-সাহাৰা আফ্রিকা অঞ্চলত কৃষি গৱেষণা আৰু উন্নয়নৰ সৈতে আন্তর্জাতিক স্তৰৰ এই প্রতিষ্ঠানটো যুক্ত আছে। এই প্রতিষ্ঠানটোৱে কৃষকসকলক অধিক ফলনশীল বীজ আৰু ক্ষুদ্র কৃষকসকলক শুষ্ক এলেকাত কৃষি কাৰ্যত সহায় কৰি থাকে।
প্রধানমন্ত্রীয়ে অহা ৫ ফেব্ৰুৱাৰীত হায়দৰাবাদ ভ্ৰমণ কৰি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81%E0%A6%9B%E0%A7%8C%E0%A6%A1%E0%A6%BF-%E0%A6%86%E0%A7%B0%E0%A7%B1%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AA%E0%A6%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81%E0%A6%9B%E0%A7%8C%E0%A6%A1%E0%A6%BF-%E0%A6%86%E0%A7%B0%E0%A7%B1%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AA%E0%A6%B0/
ভাৰত আৰু ছৌডি আৰৱৰ মাজত পর্যটন ক্ষেত্রত সহযোগিতা আৰু অধিক বৃদ্ধি কৰি তোলাৰ উদ্দেশ্যেৰে কেন্দ্রীয় পর্যটন মন্ত্রালয়আৰু ছৌডি পর্যটন আয়োগতথা ছৌডি আৰৱ ৰাষ্ট্ৰীয় ঐতিহ্যৰ মাজত সম্পন্ন হোৱা বুজাবুজি চুক্তিখনলৈ যাৱতীয় অনুমোদন জনাইছে দেশৰ কেন্দ্ৰীয় কেবিনেটে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত বুধবাৰে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত এই অনুমোদনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই বুজাবুজি চুক্তি স্বাক্ষৰৰ উদ্দেশ্য হৈছে পর্যটন ক্ষেত্রৰ উন্নয়ন, হোটেল, ৰিজ’ৰ্ট, পর্যটক আবাস সংক্রান্তীয় সুযোগ-সুবিধা, পর্যটন সংক্রান্তীয় তথ্য আৰু পৰিসাংখ্যিকতথা কৃষি-পর্যটন, মৰুভূমি পর্যটন আদি ক্ষেত্রত তথ্য আৰু বিশেষজ্ঞৰ আদান-প্রদান। গণমাধ্যমত প্রকাশিত বা সম্প্রচাৰিত অনুষ্ঠান বা কাৰ্যসূচীৰ বিনিময়, পর্যটন সংক্রান্তীয়চুটিছবিৰ আদান-প্রদান, বিশেষজ্ঞ আৰু পর্যটনৰসৈতে জড়িত প্রতিনিধিসকলৰ দেশ ভ্রম আদিও ইয়াৰ মাজত সন্নিৱিষ্ট থাকিব। ইয়াৰ উপৰি পর্যটন ক্ষেত্রত বিনিয়োগৰ সুযোগ-সুবিধা বিচাৰি উলিওৱা আৰু পর্যটন প্রকল্পসমূহত পাৰস্পৰিক বিনিয়োগত উৎসাহ প্রদান বিষয়টোও জড়িত থাকিব। যৌথভাৱে পর্যটন সংক্রান্তীয় অনুষ্ঠান, প্রদর্শনী, সভা-সন্মিলনৰ আয়োজন কৰাৰো প্রস্তাৱ আছে ইয়াত। ইয়াৰ উপৰিও, পর্যটন ক্ষেত্রত উদ্ভাৱনমূলক অভিজ্ঞতা আৰু প্রযুক্তিৰ আদান-প্রদান আৰু পর্যটন ক্ষেত্রৰসৈতেজড়িত আন্তর্জাতিক মঞ্চ আৰু সংগঠনসমূহৰ সৈতে পাৰস্পৰিক সহযোগিতা আৰু সমন্বয় বৃদ্ধিৰ কথাও এই চুক্তিত উল্লেখ কৰা হৈছে।
ভাৰত আৰুছৌডি আৰৱৰ মাজত পর্যটন ক্ষেত্রতবুজাবুজি চুক্তি স্বাক্ষৰৰ ক্ষেত্ৰত কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%9A%E0%A7%81%E0%A7%B1%E0%A7%87%E0%A6%B2-%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%A7%E0%A6%A4%E0%A6%BF%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%85/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%9A%E0%A7%81%E0%A7%B1%E0%A7%87%E0%A6%B2-%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%A7%E0%A6%A4%E0%A6%BF%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%85/
প্ৰধানমন্ত্ৰী মৰিচন, অষ্ট্ৰেলিয়া আৰু ভাৰতৰ বাণিজ্য মন্ত্ৰীসকল, আৰু আমাৰ সৈতে যোগদান কৰা দুয়োখন দেশৰ বন্ধুসকল, নমস্কাৰ! আজি এমাহৰো কম সময়ৰ ভিতৰত বন্ধু স্কটৰ সৈতে এয়া মোৰ তৃতীয় মুখামুখি বাৰ্তালাপ। আমাৰ মাজত যোৱা সপ্তাহত ভাৰ্চুৱেল সন্মিলনত অতি ফলপ্ৰসূ আলোচনা হৈছিল। সেই সময়ত, আমি আমাৰ অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তি সম্পৰ্কে অতি সোনকালে আলোচনা সমাপ্ত কৰিবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিছিলোঁ। আৰু মই অত্যন্ত সুখী যে আজি এই গুৰুত্বপূৰ্ণ চুক্তিখন স্বাক্ষৰিত হৈছে। এই অসাধাৰণ সাফল্যৰ বাবে মই দুয়োখন দেশৰ বাণিজ্য মন্ত্ৰী আৰু তেওঁলোকৰ বিষয়াসকলক আন্তৰিক অভিনন্দন জনাইছোঁ। মই অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী মৰিছনৰ বৰ্তমানৰ বাণিজ্য দূত শ্ৰী টনি এবটকো বিশেষভাৱে অভিনন্দন জনাইছোঁ। তেওঁৰ প্ৰচেষ্টাই প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰাত অৰিহণা যোগাইছে। বন্ধুসকল, ইমান কম সময়ৰ ভিতৰতে এনে এক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰে দুয়োখন দেশৰ মাজৰ পাৰস্পৰিক বিশ্বাসকেই প্ৰতিফলিত কৰে। আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে এয়া নিঃসন্দেহে এক সন্ধিক্ষণ। আমাৰ দুয়োখন দেশৰ অৰ্থব্যৱস্থাত এনে অনেক সম্ভাৱনা আছে যিয়ে ইজনে সিজনৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে। মই নিশ্চিত যে এই চুক্তিৰ জৰিয়তে আমি এই সুযোগসমূহৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰিবলৈ সক্ষম হ’ম। এই চুক্তিয়ে আমাৰ বাবে শিক্ষাৰ্থী, পেছাদাৰী আৰু পৰ্যটকৰ আদান-প্ৰদান সহজ কৰি তুলিব। ইয়াৰ ফলত দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হব। ভাৰত-অষ্ট্ৰেলিয়া অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তিৰ কাৰ্যকৰী আৰু সফল আলোচনাৰ বাবে মই দুয়োখন দেশৰ বিষয়াসকলক আকৌ এবাৰ অভিনন্দন জনাইছোঁ। আজিৰ এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত যোগদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী মৰিছনক মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। অষ্ট্ৰেলিয়াৰ আগন্তুক নিৰ্বাচন সফলতাৰে সম্পন্ন কৰাৰ বাবে মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে কাইলৈ অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ ফাইনেলৰ বাবে অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দললৈ শুভেচ্ছা জনাইছোঁ।
ভাৰ্চুৱেল পদ্ধতিত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তি(ইণ্ডিয়াঅষ্ট্ৰেলিয়া ইচিটিএ)ৰ স্বাক্ষৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যৰ ইংৰাজী অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%95%E0%A6%BE%E0%A6%B6%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%97%E0%A7%87%E0%A7%B0%E0%A7%87-%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%A8%E0%A6%AC/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%95%E0%A6%BE%E0%A6%B6%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%97%E0%A7%87%E0%A7%B0%E0%A7%87-%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%A8%E0%A6%AC/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশমাৰ্গেৰে বিহাৰৰ বানবিধ্বস্ত পৰিস্থিতিৰ বুজ লয়; তেওঁ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ-মুখ্যমন্ত্ৰী শ্ৰী সুশীল কুমাৰ মোদী তথা ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে পুৰ্ণিয়াত এক বৈঠকত মিলিত হৈ সাহাৰ্য, পুনৰ সংস্থাপন আৰু ক্ষতিপুৰণৰ দিশবোৰ পৰ্যালোচনা কৰে। ৰাজ্যখনৰ প্ৰতি সম্ভাব্য সকলো সহযোগিতাৰ আশ্বাস দি প্ৰধানমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে ৫০০ কোটি টকাৰ সাহাৰ্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰৰ এটা দলে বিহাৰ ভ্ৰমণ কৰি শীঘ্ৰে ক্ষয়-ক্ষতি আৰু সাহাৰ্যৰ পৰ্যালোচনা কৰিব বুলি আশ্বাস দিয়ে। প্ৰধানমন্ত্ৰীয়ে বীমা কোম্পানীসমূহক বান বিধ্বস্ত অঞ্চল পৰ্যবেক্ষণ কৰি কৃষকসকলক শস্য বীমাৰ বিপৰীতে তেওঁলোকৰ দাবী শীঘ্ৰে নিষ্পত্তি কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে পথ পৰিবহণ মন্ত্ৰালয়ক বানৰ ফলত বিধ্বস্ত পথসমূহত মেৰামতি কৰাৰা বাবে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিয়ে। কেন্দ্ৰই ৰাজ্যখনত বানৰ ফলত বিঘ্নিত হোৱা বিদ্যুৎ খণ্ডৰ আন্তঃগাঁথনি তাৎক্ষণিকভাৱে পুনঃসংযোগ কৰাৰ বাবে সকলো ধৰণৰ সাহাৰ্য আগবঢ়াব বুলি কয়। ইফালে, বানপীড়িত অঞ্চলত বানত সলিল সমাধি ঘটা লোকৰ আত্মীয়লৈ ২ লাখকৈ আৰু আহত ব্যক্তিলৈ ৫০ হাজাৰকৈ এককালীন বিত্তীয় সাহাৰ্য প্ৰদান কৰিব বুলি ঘোষণা কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী শ্বেৰ বাহাদুৰ দেওবাৰ সৈতে সপ্তকাশী বৃহৎ নদীবান্ধ প্ৰকল্প আৰু সোনকোচি জলাধাৰভিত্তিক পৃথকীকৰণ বান্ধ আঁচনিৰ সবিশেষ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে সহমত প্ৰকাশ কৰাৰ লগতে দুয়ো খন দেশে বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতাৰে কাম কৰাৰ প্ৰতিও একমতত উপনীত হয়। ই অঞ্চলটোৰ বান নিয়ন্ত্ৰণত এক বৃহৎ ভূমিকা পালন কৰিব বুলি কয়।
আকাশমাৰ্গেৰে বিহাৰৰ বানবিধ্বস্ত পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে; ৫০০ কোটি টকাৰ সাহাৰ্য ঘোষণা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%BE%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A6%9F%E0%A6%BF%E0%A6%A4-%E0%A6%AC%E0%A6%BE%E0%A6%9B-%E0%A6%A6/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%BE%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A6%9F%E0%A6%BF%E0%A6%A4-%E0%A6%AC%E0%A6%BE%E0%A6%9B-%E0%A6%A6/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডত সংঘটিত এক শোকাৱহ বাছ দুৰ্ঘটনাত কেইবাগৰাকীও যাত্ৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (পিএমএনআৰএফ) পৰা বাছ দুৰ্ঘটনাত নিহতসকলৰ নিকটাত্মীয়ক ৫০,০০০ টকা আৰু আহত সকলক ২ লাখ টকাৰ অনুদান দিয়া কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে; "উত্তৰাখণ্ডত সংঘটিত বাছ দুৰ্ঘটনা অত্যন্ত বেদনাদায়ক। এই দূৰ্ঘটনাত যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকলৈ মই সমবেদনা জ্ঞাপন কৰিছো। ৰাজ্য চৰকাৰৰ তত্বাৱধানত, স্থানীয় প্ৰশাসনে ঘটনাস্থলীত যথা সম্ভৱ উদ্ধাৰ অভিযান চলাই আছে।" "প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ডত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়ৰ বাবে পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ অনুদান ঘোষণা কৰিছে। আহতসকলৰ প্ৰতিগৰাকীক ৫০,০০০ টকা প্ৰদান কৰা হ'ব।"
উত্তৰাখণ্ডত সংঘটিত বাছ দুৰ্ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%AE%E0%A6%A7%E0%A7%8D%E0%A6%AF-%E0%A6%8F%E0%A6%9B%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%B6%E0%A7%80%E0%A7%B0%E0%A7%8D%E0%A6%B7-%E0%A6%B8%E0%A6%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%AE%E0%A6%A7%E0%A7%8D%E0%A6%AF-%E0%A6%8F%E0%A6%9B%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%B6%E0%A7%80%E0%A7%B0%E0%A7%8D%E0%A6%B7-%E0%A6%B8%E0%A6%A8/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জানুৱাৰীত ভাৰ্চুৱেল পদ্ধতিৰে ভাৰত-মধ্য এছিয়া শীৰ্ষ সন্মিলনৰ প্ৰথমখন বৈঠকৰ শুভাৰম্ভ কৰিব। এই সন্মিলনত কাজাখস্তান, কিৰগিজ গণৰাজ্য, তাজিকিস্তান, তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰপতিসকলেও অংশগ্ৰহণ কৰিব। ভাৰত আৰু মধ্য এছিয়াৰ দেশসমূহৰ নেতৃবৃন্দৰ মাজত এইধৰণৰ বৈঠক এইখনেই প্ৰথম। প্ৰথম ভাৰত-মধ্য এছিয়া শীৰ্ষ সন্মিলন হৈছে মধ্য এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ ক্ৰমবৰ্ধমান সম্পৰ্কৰ প্ৰতিফলন, যি হৈছে ভাৰতৰ ‘সম্প্ৰসাৰিত প্ৰতিবেশী’ নীতিৰ অংশ। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনত মধ্য এছিয়াৰ দেশসমূহত এক ঐতিহাসিক ভ্ৰমণ কৰে। পৰৱৰ্তী সময়ত, দ্বিপাক্ষিক আৰু বহুপাক্ষিক উচ্চস্তৰীয় পৰ্যায়ত আলাপ-আলোচনা হয়। ১৮-২০ ডিচেম্বৰ, ২০২০ তাৰিখলৈ নতুন দিল্লীত অনুষ্ঠিত বৈদেশিক মন্ত্ৰীসকলৰ তৃতীয় বৈঠকত ভাৰত-মধ্য এছিয়া শীৰ্ষ সন্মিলন সন্দৰ্ভত আলোচনা হৈছিল যিয়ে ভাৰত-মধ্য এছিয়া সম্পৰ্কক এক গতি প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে ২০২১ চনৰ ১০ নৱেম্বৰত নতুন দিল্লীত আফগানিস্তান বিষয়ত ৰাষ্ট্ৰীয় নিৰাপত্তা আলোচনা অনুষ্ঠিত হৈছিল। উক্ত বৈঠকত মধ্য এছিয়াৰ দেশসমূহৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ সচিবসকলৰ মাজত আফগানিস্তানক লৈ এক উমৈহতীয়া আঞ্চলিক নীতি গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। প্ৰথম ভাৰত-মধ্য এছিয়া সন্মিলনত মধ্য এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক যাতে নতুন শিখৰলৈ আগুৱাই নিব পাৰি তাৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব পাৰি তাক লৈ নেতাসকলে আলোচনা কৰিব বুলি আশা কৰা হৈছে। বৈঠকত সংশ্লিষ্ট অঞ্চলৰ নিৰাপত্তা পৰিস্থিতিসহ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় স্বাৰ্থ জড়িত বিভিন্ন বিষয়ৰ ওপৰত মত বিনিময় কৰিব বুলি আশা কৰা হৈছে। ভাৰত আৰু মধ্য এছিয়াৰ দেশসমূহৰ মাজত সৰ্বাংগীণ আৰু স্থায়ী সম্পৰ্কৰ ক্ষেত্ৰত এই সন্মিলন অতি গুৰুত্বপূৰ্ণ। সংশ্লিষ্ট দেশসমূহৰ নেতৃবৃন্দৰ অংশগ্ৰহণৰ জৰিয়তে ই প্ৰতিফলিত হ’ব।
ভাৰত-মধ্য এছিয়া শীৰ্ষ সন্মিলনৰ প্ৰথম বৈঠক
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A7%8E%E0%A6%B8%E0%A6%BE%E0%A6%B2%E0%A7%9F%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%AC%E0%A6%BE%E0%A7%9F%E0%A7%81%E0%A6%B8%E0%A7%87/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A7%8E%E0%A6%B8%E0%A6%BE%E0%A6%B2%E0%A7%9F%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%AC%E0%A6%BE%E0%A7%9F%E0%A7%81%E0%A6%B8%E0%A7%87/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ সেনা চিকিৎসালয় (আৰ এণ্ড আৰ)ত চিকিৎসাধীন হৈ থকা ভাৰতীয় বায়ুসেনাৰ মাৰ্শ্বাল অৰ্জুন সিঙক সাক্ষাৎ কৰে। তেখেতৰ পৰিলায়ৰ লোককো সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰীয়ে তেখেতৰ আশু-আৰোগ্য কামনা কৰে। “আৰ এণ্ড আৰ চিকিৎসালয়লৈ গৈ গুৰুতৰভাৱে অসুস্থ ভাৰতীয় বায়ুসেনাৰ মাৰ্শ্বাল অৰ্জুন সিঙক সাক্ষাৎ কৰো।তেখেতৰ পৰিলায়ৰ লোককো সাক্ষাৎ কৰো। আমি সকলোৱে ভাৰতীয় বায়ুসেনাৰ মাৰ্শ্বাল অৰ্জুন সিঙৰ আশু-আৰোগ্য কামনা কৰিছো। চিকিৎসকসকলে যৎপৰোনাস্তি চেষ্টা চলাই আছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে প্ৰকাশ কৰে।
চিকিৎসালয়ত ভাৰতীয় বায়ুসেনাৰ মাৰ্শ্বাল অৰ্জুন সিঙক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ; তেখেতৰ আশু-আৰোগ্য কামনা
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A6%A4-%E0%A6%89%E0%A6%AA-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A6%A4-%E0%A6%89%E0%A6%AA-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF/
শ্ৰদ্ধাৰ সভাপতি ডাঙৰীয়াক সদনৰ হৈ, দেশবাসীৰ হৈ আপোনাক বহুত বহুত অভিনন্দন আৰু শুভকামনা জনাইছোঁ। আজি ১১ আগষ্ট, ইতিহাসত এই তাৰিখটোৰ গুৰুত্ব অপৰিসীম। আজিৰ দিনটোতে মাত্র ১৮বছৰ বয়সীয়া স্বাধীনতা সংগ্রামী খুদিৰাম বসুক ফাঁচীৰ কাঠত ওলোমাইছিল। দেশৰ স্বাধীনতা সংগ্রামত কিমান যুদ্ধ হ’ল, কিমান স্বাধীনতা সংগ্রামীয়ে প্রাণ বিসর্জন দিলে, তেওঁলোকৰ স্মৃতিয়ে আমাক মনত পেলাই দিয়ে যে তেওঁলোকৰ সপোন বাস্তৱ কৰিবলৈ আমাৰ সকলোৰে যথেষ্ট দায়িত্ব আছে। আমাৰ সকলোৰে এই কথাৰ প্ৰতি দৃষ্টি আকর্ষণ হৈছে যে ভেংকায়া নাইডু দেশৰ প্রথমগৰাকী উপ-ৰাষ্ট্রপতি, যিগৰাকীৰ দেশ স্বাধীন হোৱাৰ পাছত জন্ম হৈছিল। তদুপৰি, শ্রী ভেংকায়া নাইডু হৈছে প্রথমগৰাকী উপ-ৰাষ্ট্রপতি, যি সম্পূর্ণ ৰাজনৈতিক জীৱন কেন্দ্রীয় চৰকাৰৰ বিভিন্ন দায়িত্ব পালন কৰি আহিছে। এই সংসদ ভবন তেওঁৰ বাবে হাতৰ তলুৱাসদৃশ। সংসদৰ সদস্যৰ পৰা আৰম্ভ কৰি বিভিন্ন সমিতিৰ দায়িভাৰ পালন কৰা, সংসদ অধিৱেশনত সক্রিয় অংশগ্রহণৰ পৰা আদি কৰি এতিয়া উপ-ৰাষ্ট্রপতি পদত অধিষ্ঠিত হৈছে। দেশে সম্ভৱত প্রথমবাৰলৈ এনে এগৰাকী উপ-ৰাষ্ট্রপতি পাইছে। জয়প্রকাশ নাৰায়ণৰ আন্দোলনৰ পৰাই তেওঁ সামাজিক কাম-কাজৰ সৈতে জড়িত হৈ পৰে। ছাত্রাৱস্থাতে জয়প্রকাশ নাৰায়ণৰ আহ্বানত শুচিতাৰ পৰা সুশাসনৰ যি দেশজোৰা আন্দোলন আৰম্ভ হৈছিল, অন্ধ্রপ্রদেশত এজন ছাত্রনেতা ৰূপে তেওঁ আন্দোলনৰ নেতৃত্ব দিছিল। আৰু তেতিয়াই অন্ধ্রপ্রদেশৰ বিধানসভালৈ নির্বাচিত হোৱাৰ পাছৰে পৰা ৰাজ্যসভাৰ সদস্য হিচাপে দায়িত্ব পালনৰ জৰিয়তে তেওঁ নিজৰ ব্যক্তিত্বৰ বিকাশ ঘটাবলৈ সক্ষম হৈছে। তেওঁৰ কামৰ পৰিধিও ক্রমে দিনক দিনে বৃদ্ধি পাই আহিছে। ফলস্বৰূপে, আজি সকলোৱে এই গুৰুত্বপূৰ্ণ পদৰ অধিকাৰী হোৱাৰ গৌৰব প্রদান কৰিছে। ভেংকায়াজী কৃষকৰ সন্তান। বহু বছৰ ধৰি তেওঁৰ সৈতে মোৰ কাম কৰাৰ সৌভাগ্য হৈছে। গাওঁ, দুখীয়া লোক, আৰু কৃষক এই সকলো বিষয়ক পংখানুপুংখ অধ্যয়ন কৰি সকলো সময়তে তেওঁ নিজৰ ইনপুট প্ৰদান কৰে। কেবিনেটত তেওঁ নগৰ উন্নয়ন মন্ত্রী হিচাপে কাৰ্যনিবাহ কৰিছিল। কিন্তু মই অনুভৱ কৰিছোঁ যে কেবিনেটত নগৰ উন্নয়নৰ সন্দৰ্ভত তেওঁ যিমান আলোচনা কৰিছিল, গ্রামোন্নয়নৰ দিশতো সিমানেই গুৰুত্ব দি কৃষকসকলৰ বিষয়সমূহ তুলি ধৰিছিল। এই সকলো তেওঁ অতি আন্তৰিকতাৰে কৰে; হয়তু তেওঁৰ পাৰিয়ালৰ পটভূমিতে এয়া সম্ভৱ হৈছে। ভেংকায়া জী উপ-ৰাষ্ট্রপতি পদত অধিষ্ঠিত হ’ল যেতিয়া সমগ্ৰ বিশ্বৰ সন্মুখত আমাৰ গণতন্ত্রৰ পৰিপক্কতাক তুলি ধৰাৰ প্রয়োজন অনুভূত হৈছে। সকলো ৰাজনৈতিক দলৰ ঊর্ধ্বত এই দায়িত্ব। বিশ্বক বুজাব লাগিব যে ভাৰতৰ সংবিধানৰ প্রতিটো দফাৰ কিমাম শক্তি! সামর্থ্য কিমান! আজি ভাৰতৰ আটাইতকৈ সাংবিধানিক উচ্চপদত এনে ব্যক্তি বহিছে, যিগৰাকী দুখীয়া পৰিয়ালৰ সন্তান, তেওঁৰ প্রেক্ষাপট দাৰিদ্র্য, গাওঁ আৰু সাধাৰণ নিম্নবিত্ত পৰিয়ালৰ। তেওঁৰ কোনো উচ্চ বংশত জন্ম গ্ৰহণ কৰা নাই। প্রথমবাৰলৈ আটাইতকৈ সাংবিধানিক উচ্চপদত দুখীয়া পৰিয়ালৰ ব্যক্তি অধিষ্ঠিত হোৱা বিষয়টোৱে ভাৰতৰ সংবিধানৰ গৰিমাকে প্রদর্শন কৰে। আমাৰ গণতন্ত্রৰ পৰিপক্কতাক প্রমাণ কৰে। সেইবাবে ১২৫ কোটি ভাৰতীয়ই এই লৈ গর্ব কৰিব পাৰে। আমাৰ পূর্ব-পুৰুষসকলে আমাৰ যি ঐতিহ্য দি গৈছে, এই ঘটনাৰ মাধ্যমত সেই ঐতিহ্যৰ গৰিমা অনুভৱ কৰিব পৰা যায়। সেই বাবে মই পুনৰবাৰ দেশৰ সংবিধান নির্মাতাসকলৰ ওচৰত প্রণাম জনাইছোঁ। ভেংকায়া জী তীক্ষ্ম ব্যক্তিত্ব, কর্তৃত্ব আৰু এগৰাকী সুবক্তা হিচাপে সর্বজনবিদিত। তেওঁ যেতিয়া তেলুগু ভাষাত বক্তৃতা প্ৰদান কৰে, এনে লাগে যেন ছুপাৰফাষ্ট ৰেলগাড়ী চলাইছে। এয়া তেতিয়াহে সম্ভৱ, যেতিয়া অন্তৰৰ চিন্তা-ভাৱনা স্পষ্ট হয়। শ্রোতাৰ সৈতে নিজকে জড়িত কৰিবলৈ শব্দৰ খেলা নির্ভৰ বক্তৃতা দিলে নহ’ব, শব্দেৰ খেলাই কাৰো অন্তৰ স্পর্শ নকৰে। কিন্তু শ্রদ্ধাভাৱৰ পৰা অংকুৰিত চিন্তা-ভাবনাৰ ভিত্তিতে নিজৰ ধাৰণা আৰু দূৰদৃষ্টিত হৃদয়ৰ পৰা ওলোৱা শব্দাৱলীৱে মানুহৰ মন স্পর্শ কৰে। ভেংকায়া জীৰ বক্তব্যই এনেদৰেই মানুহৰ মন চুই যায়। এইটো সত্য যে আজি সংসদত এনে কোনো নির্বাচিত জনপ্রতিনিধি নাই, যিগৰাকীয়ে চৰকাৰৰ ওচৰত তেওঁৰ এলেকাৰ গ্রামোন্নয়ন আৰু সৰ্বাংগীন উন্নতিৰ খাতিৰত বিভিন্ন প্রকল্পৰ বাবে বাৰে বাৰে অনুৰোধ কৰা নাই! সেয়া লাগিলে ড০ মনমোহন সিং ডাঙৰীয়াৰ দিনতে হওঁক অথবা মোৰ চৰকাৰৰ দিনতে হওঁক। নিজৰ এলেকাত প্রধানমন্ত্রী গ্রাম সড়ক যোজনাৰ দ্রুত বাস্তৱায়নৰ বাবে তেওঁলোকে অনুৰোধ জনায়। আমাৰ সাংসদসকলৰ বাবে গৌৰৱৰ কথা যে এই প্রধানমন্ত্রী গ্রাম সড়ক যোজনা আমাৰ উপ-ৰাষ্ট্রপতি ভেংকায়া নাইডু’ৰ কল্পনাৰ ফল। গাওঁ, দুখীয়া ব্যক্তি, দলিত, পীড়িত, শোষিতসকলৰ প্রতি মনত সংবেদনা থাকিলে তেতিয়াই কাৰোবাৰ মনত তেওঁলোকক সেই কঠিন পৰিস্থিতিৰ পৰা মুক্ত কৰাৰ প্রৱল ইচ্ছা জন্মিব পাৰে। আজি যেতিয়া ভেংকায়া জী আমাৰ মাজত উপ-ৰাষ্ট্রপতি হিচাপে অধিষ্ঠিত হ’ল, আমাৰ সকলোৰে বাবে অলপদিন খুব কঠিন হ’ব। কাৰণ আদালতত কোনো উকীল যেতিয়া নির্বাচিত হৈ বিচাৰপতিৰ দায়িত্ব গ্রহণ কৰে, তেতিয়া আৰম্ভণিৰ পৰা বাৰ সদস্যসকলৰ মন অদ্ভুত অনুভূতি হয়। ইমান দিন যিগৰাকীয়ে আমাৰ সৈতে নিয়মিত আড্ডা দি আছিল, এতিয়া তেওঁক কি বুলি সন্মান কৰিব। আমাৰ গণতন্ত্রৰ বৈশিষ্ট্যই এয়া যে আমি পৰিস্থিতি অনুকূল কৰ্মশৈলীৰ সৈতে খাপ খাব লাগে। মই বিশ্বাস কৰোঁ যে যিগৰাকী ব্যক্তিয়ে ইমান দিন ৰাজ্যসভাৰ সদস্য আছিল, প্রতিটো ঘটনা আৰু সিদ্ধান্তৰ বিৱৰণ পুংখানুপুংখকৈ জানে, সেই ব্যক্তিজনে উপ-ৰাষ্ট্রপতি হিচাপে আমাক সঠিক পথ দেখুৱাবলৈ সক্ষম হ’ব। এই পদৰ গৰিমাক আৰু ওপৰলৈ তুলি নিয়াৰ ক্ষেত্রত তেওঁৰ অবিস্মৰণীয় অৱদান থাকিব। ইয়াৰ জৰিয়তে মই বহুত ডাঙৰ পৰিৱর্তনৰ সংকেত পাইছোঁ। এই পৰিৱর্তন দেশৰ ভালৰ বাবে হ’ব। আজf ভেংকায়া জীক এই গৰিমাময় পদত অধিষ্ঠিত হোৱা দেখি এটি কবিতাৰ শাৰী মোৰ মনত পৰিছে- আমল কৰো এইচা আমন মেঁ, আমল কৰো এইচা আমন মেঁ, জঁহা ছে গুজৰে তুমহাৰি নজৰে, উধৰ ছে তুমহে ছেলাম আয়ে। অউৰ উচি কো জোড়তে হুয়ে মেঁই কহনা চাহুংগা– এই পংক্তিৰ শব্দসমূহ সামান্য সালসলনি কৰি মই ক’ব বিচাৰিছোঁ- আমল কৰে এইচা সদন মেঁ, জঁহা ছে গুজৰে তুমহাৰী নজৰে, উধৰ ছে তুমহে সেলাম আয়ে। বহুত বহুত শুভেচ্ছা। বহুক বহুত ধন্যবাদ।
ৰাজ্যসভাত উপ-ৰাষ্ট্ৰপতি এম. ভেংকায়া নাইডুক আদৰণী জনাই প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপৰ ইংৰাজী সংস্কৰণ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0-%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%BE-%E0%A7%AA%E0%A7%A6%E0%A7%A6-%E0%A6%AC%E0%A6%BF%E0%A6%B2%E0%A6%BF%E0%A7%9F%E0%A6%A8-%E0%A6%A1/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0-%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%BE-%E0%A7%AA%E0%A7%A6%E0%A7%A6-%E0%A6%AC%E0%A6%BF%E0%A6%B2%E0%A6%BF%E0%A7%9F%E0%A6%A8-%E0%A6%A1/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষক, শিপিনী, এমএছএমই, প্ৰস্তুতকৰ্তা তথা ৰপ্তানিকাৰীৰ প্ৰশংসা কৰিছে, কিয়নো ভাৰতে নিৰ্ধাৰিত সময়তকৈ ৯ দিন পূৰ্বেই ৪০০ বিলিয়ন ডলাৰ মূল্যৰ সামগ্ৰীৰ ৰপ্তানিৰ অভিলাষী লক্ষ্য পূৰণ কৰিলে। এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে; "ভাৰতে ৪০০ বিলিয়ন ডলাৰ মূল্যৰ সামগ্ৰীৰ ৰপ্তানিৰ অভিলাষী লক্ষ্য নিৰ্ধাৰিত কৰিছিল আৰু দেশে প্ৰথমবাৰ এই লক্ষ্য আহৰণ কৰিছে। মই এই সফলতাৰ বাবে নিজৰ কৃষক, শিপিনী, এমএছএমই, প্ৰস্তুতকৰ্তা তথা ৰপ্তানিকাৰীসকলক অভিনন্দন জনাইছো। এয়া আমাৰ আত্মনিৰ্ভৰ ভাৰত যাত্ৰাত এক মহত্বপূৰ্ণ মাইলৰ খুটি। #LocalGoesGlobal"
ভাৰতৰ দ্বাৰা ৪০০ বিলিয়ন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানিৰ অভিলাষী লক্ষ্য পূৰণ কৰাত প্ৰধানমন্ত্ৰীয়ে কৃষক, শিপিনী, এমএছএমই, প্ৰস্তুতকৰ্তা তথা ৰপ্তানিকাৰীক অভিনন্দন জনা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%B9%E0%A6%AE%E0%A7%87%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%A4-%E0%A6%AD%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%85-%E0%A6%95%E0%A6%A8%E0%A6%AB%E0%A6%BE%E0%A7%B0%E0%A7%87/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%B9%E0%A6%AE%E0%A7%87%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%A4-%E0%A6%AD%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%85-%E0%A6%95%E0%A6%A8%E0%A6%AB%E0%A6%BE%E0%A7%B0%E0%A7%87/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদত ভিডিঅ’ কনফাৰেন্সিংযোগে ‘কেন্দ্ৰ-ৰাজ্য বিজ্ঞান সন্মিলন’ উদ্বোধন কৰে। এই উপলক্ষে উপস্থিত দৰ্শকক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এই সন্মিলন সংগঠনটো সবকা প্ৰয়াৰ এক স্পষ্ট উদাহৰণ। প্ৰধানমন্ত্ৰীয়ে কয়, “একবিংশ শতিকাৰ ভাৰতৰ বিকাশত বিজ্ঞান সেই শক্তিৰ দৰেই, যাৰ হাতত প্ৰতিটো অঞ্চলৰ উন্নয়ন আৰু প্ৰতিখন ৰাজ্যৰ বিকাশ ত্বৰান্বিত কৰাৰ ক্ষমতা আছে। আজি যেতিয়া ভাৰত চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ নেতৃত্ব দিয়াৰ দিশত অগ্সৰ হৈছে, তেতিয়া ভাৰতৰ বিজ্ঞান আৰু এই ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এনে অৱস্থাত প্ৰশাসন আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত মানুহৰ দায়িত্ব বহু পৰিমাণে বৃদ্ধি পায়।” প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে বিজ্ঞান হৈছে সমাধান, বিৱৰ্তন আৰু উদ্ভাৱনৰ আধাৰ। এই অনুপ্ৰেৰণাৰে আজিৰ নতুন ভাৰত জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞানৰ লগতে জয় অনুসন্ধনৰ সৈতে অগ্ৰসৰ হৈছে। কেন্দ্ৰ আৰু ৰাজ্য উভয়কে সহায় কৰিব পৰা ইতিহাসৰ পৰা আমি লাভ কৰিব পৰা শিক্ষাৰ সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যদি আমি যোৱা শতিকাৰ প্ৰাৰম্ভিক দশকবোৰ মনত পেলাওঁ, তেন্তে আমি বিচাৰি পাও যে পৃথিৱীখন কেনেকৈ বিধ্বংসী আৰু দুখজনক সময়ৰ মাজেৰে পাৰ হৈ আছিল। কিন্তু সেই যুগতেও পূবৰ কথাই হওক বা পশ্চিমৰ কথাই হওক, সকলোতে বিজ্ঞানীসকলে তেওঁলোকৰ মহান আৱিষ্কাৰত নিয়োজিত হৈ আছিল। পশ্চিমত আইনষ্টাইন, ফাৰ্মি, মেক্স প্লেংক, নীলছ ব’ৰ, টেছলাৰ দৰে বিজ্ঞানীয়ে নিজৰ পৰীক্ষা-নিৰীক্ষাৰে বিশ্বৰ চকু কপালত তুলি ধৰিছিল। একে সময়তে চি ভি ৰমন, জগদীশ চন্দ্ৰ বসু, সত্যেন্দ্ৰনাথ বসু, মেঘনাদ সাহা, এছ চন্দ্ৰশেখৰকে ধৰি বহু বিজ্ঞানীয়ে নিজৰ নতুন আৱিষ্কাৰক চৰ্চালৈ আনিছিল। প্ৰধানমন্ত্ৰীয়ে আমাৰ বিজ্ঞানীসকলৰ কাম-কাজক আমি যথাযথ স্বীকৃতি নিদিয়াৰ বাবে পূব আৰু পশ্চিমৰ পাৰ্থক্যৰ আঁত ধৰে। প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে যেতিয়া আমি আমাৰ বিজ্ঞানীসকলৰ কৃতিত্ব উদযাপন কৰো, তেতিয়া বিজ্ঞান আমাৰ সমাজৰ অংশ হৈ পৰে, ই সংস্কৃতিৰ অংশ হৈ পৰে। শ্ৰী মোদীয়ে আমাৰ দেশৰ বিজ্ঞানী সকলৰ সাফল্যক উদযাপন কৰিবলৈও সকলোকে অনুৰোধ জনায়। প্ৰধানমন্ত্ৰীয়ে কয়, “বিজ্ঞানীসকলে দেশক তেওঁলোকক উদযাপন কৰাৰ যথেষ্ট কাৰণ দিছে।” তেওঁ ক’ৰোনা ভেকচিন প্ৰস্তুত কৰাৰ লগতে বিশ্বৰ সৰ্ববৃহৎ ভেকচিন অভিযানত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত ভাৰতীয় বিজ্ঞানীসকলৰ ভূমিকাক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে চৰকাৰে বিজ্ঞানভিত্তিক উন্নয়নৰ দিশত কাম কৰাৰ কথা চিন্তা কৰে। ২০১৪চনৰ পৰা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বিনিয়োগ ক্ৰমান্বয়ে বৃদ্ধি কৰা হৈছে। চৰকাৰৰ প্ৰচেষ্টাৰ ফলতে বৰ্তমান ভাৰতে বিশ্ব উদ্ভাৱন সুচকাংকত ২০১৫ চনৰ ৮১সংখ্যক স্থানৰ পৰা ৪৬সংখ্যক স্থানলৈ উন্নীত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে লগতে কয়। তেওঁ দেশত অভিলেখসংখ্যক পেটেণ্ট পঞ্জীয়নৰ হোৱাৰ কথা স্বীকাৰ কৰে। তেওঁ লগতে উদ্ভাৱনৰ জলবায়ু আৰু এক স্পন্দনশীল ষ্টাৰ্ট আপ ইক’ছিষ্টেমৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে “বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ প্ৰতি প্ৰৱণতা আমাৰ যুৱ প্ৰজন্মৰ ডিএনএত আছে। আমি এই যুৱ প্ৰজন্মক পূৰ্ণ শক্তিৰে সমৰ্থন কৰিব লাগিব।” প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলৰ উদ্ভাৱনী মনোভাৱক সমৰ্থন কৰিবলৈ গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নতুন খণ্ড আৰু মিছনসমূহৰ তালিকা প্ৰস্তুত কৰে। তেওঁ মহাকাশ অভিযান, ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটিং মিছন, ছেমিকণ্ডাক্টৰ মিছন, মিছন হাইড্ৰ’জেন আৰু ড্ৰ’ন প্ৰযুক্তিৰ উদাহৰণ দাঙি ধৰে। একেদৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে মাতৃভাষাত বিজ্ঞান আৰু প্ৰযুক্তিৰ শিক্ষা প্ৰদান কৰি ইয়াৰ প্ৰচাৰ চলাই আছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এই অমৃত কালত ভাৰতক এক আন্তঃৰাষ্ট্ৰীয় গৱেষণা আৰু উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ হ’লে আমি একেলগে বিভিন্ন দিশত কাম কৰিব লাগিব। তেওঁ বিজ্ঞান আৰু প্ৰযুক্তি সম্পৰ্কীয় গৱেষণাক স্থানীয় পৰ্যায়লৈ লৈ যোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ৰাজ্যসমূহক তেওঁলোকৰ স্থানীয় প্ৰয়োজন অনুসৰি গৱেষণা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰিবলৈ কয়। প্রধানমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰসমূহে অধিক সংখ্যক বৈজ্ঞানিক প্রতিষ্ঠান সৃষ্টি আৰু প্রক্রিয়াসমূহ সৰল কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উদ্ভাৱনক উৎসাহিত কৰিব পাৰে৷ তেওঁ লগতে কয় যে ৰাজ্যসমূহৰ উচ্চ শিক্ষানুষ্ঠানসমূহতো উদ্ভাৱন গৱেষণাগাৰৰ সংখ্যা বৃদ্ধি কৰিব লাগে। তেওঁ লগতে প্ৰতিখন ৰাজ্যক বিজ্ঞান, উদ্ভাৱন আৰু প্ৰযুক্তি সম্পৰ্কীয় আধুনিক নীতি নিৰ্ধাৰণ কৰিবলৈ কয়। “চৰকাৰ হিচাপে আমি আমাৰ বিজ্ঞানীসকলৰ সৈতে অধিক সহযোগিতা আৰু সমন্বয় ৰক্ষা কৰিব লাগিব, ইয়াৰ ফলত এক বৈজ্ঞানিক আধুনিকতাৰ পৰিৱেশৰ সৃষ্টি হ’ব।” প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে ৰাজ্যসমূহে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন বৈজ্ঞানিক প্ৰতিষ্ঠান আৰু ৰাষ্ট্ৰীয় পৰীক্ষাগাৰৰ সামৰ্থ্য আৰু বিশেষজ্ঞতাৰ সম্পূৰ্ণ সুবিধা ল’ব লাগে। “বৈজ্ঞানিক প্ৰতিষ্ঠান আৰু বিশেষজ্ঞতাৰ সঠিক ব্যৱহাৰৰ বাবে আমি আমাৰ বিজ্ঞান সম্পৰ্কীয় প্ৰতিষ্ঠানসমূহকো মেৰপেচৰ পৰা বাহিৰলৈ আনিব লাগিব”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়। তেওঁ তৃণমূল পৰ্যায়ত বিজ্ঞান প্ৰচাৰ অনুষ্ঠানৰ বাবে অনুৰোধ জনায়। তেওঁ লগতে ৰাজ্যৰ বিজ্ঞান মন্ত্ৰীসকলক তেওঁলোকৰ বিজ্ঞান পাঠ্যক্ৰমৰ ভাল পদ্ধতি আৰু দিশসমূহ ভাগ-বতৰা কৰিবলৈ পৰামৰ্শ দিয়ে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে বিশ্বাসেৰে কয় যে ‘ৰাজ্য-কেন্দ্ৰ বিজ্ঞান সন্মিলনে’ দেশত বিজ্ঞানৰ অগ্ৰগতিৰ দিশত এক নতুন মাত্ৰা আৰু সংকল্প সংযোজন কৰিব। তেওঁ লগতে বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ সুযোগ এৰি নিদিবলৈ সকলোকে আহ্বান জনায়। ‘আগন্তুক ২৫ বছৰ ভাৰতৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বছৰ কাৰণ ইয়েই আগন্তুক ভাৰতৰ নতুন পৰিচয় আৰু শক্তি নিৰ্ধাৰণ কৰিব’, প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণকাৰীসকলক এই সন্মিলনৰ পৰা শিকা কথাখিনি নিজৰ ৰাজ্যলৈ লৈ গৈ দেশ নিৰ্মাণৰ দিশত অৰিহণা যোগাবলৈও আহ্বান জনায়। এই উপলক্ষে অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং উপস্থিত থাকে। পটভূমিঃ দেশত উদ্ভাৱন আৰু উদ্যোগীকৰণৰ সুবিধাৰ বাবে প্ৰধানমন্ত্ৰীৰ অদম্য প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি সহযোগিতামুলক যুক্তৰাষ্ট্ৰবাদৰ মনোভাৱেৰে প্ৰথমবাৰলৈ আয়োজিত এই সন্মিলনে কেন্দ্ৰ-ৰাজ্যৰ সমন্বয় আৰু সহযোগিতা ব্যৱস্থাক শক্তিশালী কৰিব আৰু সমগ্ৰ দেশতে এক শক্তিশালী বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন(এছটিআই)ৰ পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিব৷ ১০-১১ ছেপ্টেম্বৰ, ২০২২ত ছায়েন্স চিটী, আহমেদাবাদত দুদিনীয়াকৈ এই সন্মিলন অনুষ্ঠিত কৰা হৈছে। ইয়াত বিভিন্ন বিষয়বস্তুকেন্দ্ৰিক অধিৱেশন অন্তৰ্ভুক্ত কৰা হ’ব৷ সেইবোৰ হৈছে-এছটিআই ভিজন ২০৪৭; ৰাজ্যসমূহত এছটিআইৰ বাবে ভৱিষ্যত বৃদ্ধিৰ পথ আৰু দৃষ্টিভংগী; স্বাস্থ্য-সকলোৰে বাবে ডিজিটেল স্বাস্থ্যসেৱা; ২০৩০ চনৰ ভিতৰত গৱেষণা আৰু উন্নয়নত ব্যক্তিগত খণ্ডৰ বিনিয়োগ দুগুণ কৰা; কৃষি-কৃষকৰ আয় উন্নত কৰাৰ বাবে প্ৰযুক্তিগত হস্তক্ষেপ; পানী-খোৱাপানী উৎপাদনৰ বাবে উদ্ভাৱন; শক্তি-হাইড্ৰজেন মিছনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ভূমিকাকে ধৰি সকলোৰে বাবে স্বচ্ছ শক্তি; গভীৰ মহাসাগৰ অভিযান আৰু উপকূলীয় ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ লগতে দেশৰ ভৱিষ্যত অৰ্থনীতিৰ বাবে ইয়াৰ প্ৰাসংগিকতা ইত্যাদি। সন্মিলনত গুজৰাটৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী (এছএণ্ডটি), ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী আৰু সচিবসকল, উদ্যোগৰ নেতা, উদ্যোগী, বেচৰকাৰী সংস্থা, যুৱ বিজ্ঞানী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
আহমেদাবাদত ভিডিঅ’ কনফাৰেন্সিংযোগে ‘কেন্দ্ৰ-ৰাজ্য বিজ্ঞান সন্মিলন’ উদ্বোধন প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A6%BE%E0%A6%82%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B2%E0%A6%BE-%E0%A6%A1%E0%A6%BE%E0%A7%9F%E0%A7%87%E0%A6%B2%E0%A6%97%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A6%BE%E0%A6%82%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B2%E0%A6%BE-%E0%A6%A1%E0%A6%BE%E0%A7%9F%E0%A7%87%E0%A6%B2%E0%A6%97%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE/
প্ৰধানমন্ত্ৰী ছিয়েন লুং, আপোনাৰ বন্ধুত্ব, নেতৃত্ব, ভাৰত-ছিংগাপুৰৰ অংশীদাৰিত্ব আৰু এই অঞ্চলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আপোনাক ধন্যবাদ। প্ৰতিৰক্ষা মন্ত্ৰীসকল, শ্ৰীযুত জন ছিপমেন, উপস্থিত বিশিষ্ট ব্যক্তিসকল, নমস্কাৰ আৰু সকলোকে শুভ সন্ধিয়া জনাইছো। ভাৰতৰ বাবে স্বর্ণভূমি হিচাপে পৰিচিত এই অঞ্চললৈ পুনৰ আহিবলৈ পাই মই অত্যন্ত আনন্দিত হৈছো। এটা বিশেষ বৰ্ষত ইয়াত উপস্থিত হ’বলৈ পাই মই সুখ অনুভৱ কৰিছো। আছিয়ানৰ সৈতে ভাৰতৰ সম্পৰ্কৰ এইটো এটা মাইলৰখুঁটিসদৃশ বৰ্ষ। যোৱা জানুৱাৰী মাহত আমাৰ গণৰাজ্য দিৱসত আছিয়ানৰ ১০ গৰাকী নেতাক সন্মান জনাইছিলো। আছিয়ান-ভাৰত স্মাৰক সন্মিলনখন আছিল আছিয়ানৰ সৈতে আমাৰ প্ৰতিশ্ৰুতি আৰু এক্ট-ইষ্ট পলিচিৰ এক উপযুক্ত উদাহৰণ। হাজাৰ হাজাৰ বছৰৰ আগতে ভাৰতীয়সকলে পূবলৈ ঘুৰি চাইছিল। তেওঁলোকে কেৱল সুৰ্যোদয় চাবলৈ নহয়, ইয়াৰ বিপৰীতে প্ৰাৰ্থনা কৰিছিল যে ইয়াৰ পোহৰ সমগ্ৰ বিশ্বতে বিয়পি পৰক। বৰ্তমানৰ মানৱে উদিত পূবলৈ চাইছে আৰু আশা কৰিছে যে এই একবিংশ শতিকাই সমগ্ৰ বিশ্বতে ইয়াৰ দৃষ্টিপাত কৰে। কাৰণ, বিশ্ববাসীৰ লক্ষ্যত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নয়নৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। কাৰণ, প্ৰতিশ্ৰুতিৰ এই নতুন যুগত বৈশ্বিক ৰাজনীতি আৰু ইতিহাসৰ ত্ৰুতিৰেখাসমূহ স্থানান্তৰিত কৰাটো ধৰা পৰিছে। মই ক’ব খুজিছো যে আমি যি ভৱিষ্যতৰ সপোন দেখিছো, সেয়া ছাংগ্ৰী লাৰ দৰে অলীক হ’ব নালাগিব, যাতে আমি আমাৰ সামূহিক আশা-আকাংক্ষাক এই ক্ষেত্ৰত আকাৰ দিব পাৰো। ইয়াক আগুৱাই নিবৰ বাবে ছিংগাপুৰতকৈ উপযুক্ত ঠাই নাই। ছিংগাপুৰে আমাক দেখাই যে মহাসাগৰ যেতিয়া উন্মুক্ত, সমুদ্র নিৰাপদ, দেশসমূহ সংযুক্ত, আইনৰ শাসন বিদ্যমান আৰু এই অঞ্চল স্থিতিশীল, জাতি, সৰু অথবা ডাঙৰ; সার্বভৌম দেশ হিচাপে সমৃদ্ধ –তেতিয়া তেওঁলোকৰ পছন্দও মুক্ত আৰু নির্ভীক হয়। ভাৰতৰ বাবে ছিংগাপুৰ এখন লায়ন নেচন আৰু এখন লায়ন চিটী। যেতিয়া এখন দেশ ব্যক্তি বিশেষৰ ক্ষমতা অথবা আন কাৰোবাৰ দ্বাৰা চলাতকৈ দেশৰ নীতিৰ প্ৰতি দৃঢ় হয়, তেতিয়া সেই দেশে বিশ্বৰ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰিবলৈ সক্ষম হয় আৰু ছিংগাপুৰে সেইটোকো দেখুৱাইছে। আৰু যেতিয়া তেওঁলোকে স্বদেশৰ এক বৈচিত্ৰতাক আকোঁৱালী ল’ব, তেওঁলোকে বাহিৰতো এক অন্তৰ্ভূক্তিমুলক বিশ্ব বিচাৰিব। ছিংগাপুৰ আমাৰ বাবে আছিয়ানৰ ছাইনবোৰ্ড। শতিকাজুৰি ই পূবৰ দেশৰ সমূহৰ বাবে ভাৰতৰ ঘাইপথ হিচাপে চিহ্নিত হৈ আহিছে। ভাৰতৰ বাবে এই অঞ্চলটোৰ সমান ইমান গুৰুত্ব কোনেও লাভ কৰা নাই। আৰু ভালৰ বাবে। প্ৰাক্-বৈদিক যুগৰ পৰা ভাৰতৰ বাবে সাগৰসমূহে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। সাগৰ আৰু বৰুণ-সকলো জলৰে দেৱতাই বিশ্বৰ সবাতোকৈ প্ৰাচীন গ্ৰন্থ বেদসমূহত মুখ্য স্থান লাভ কৰিছে। হাজাৰ হাজাৰ বছৰৰ আগতে লিখা প্ৰাচীন পুৰাণত ভাৰতৰ ভৌগোলিক সংজ্ঞা সাগৰক কেন্দ্ৰ কৰি দিছিলঃ उत्तरों यत समुद्रस्य। অৰ্থাৎ ই এনে এখন ঠাই, যি সাগৰৰ উত্তৰ পাৰে অৱস্থিত। মোৰ গৃহৰাজ্যত থকা লোথাল হৈছে বিশ্বৰ প্ৰাচীন বন্দৰসমূহৰ অন্যতম। আনকি বৰ্তমানেও ইয়াত জাহাজ ৰখায়। ভাৰত মহাসাগৰে ভাৰতৰ ইতিহাসক এক আকৃতি প্ৰদান কৰিছে। ই আমাৰ ভৱিষ্যতৰ চাবিকাঠি ধৰি ৰাখিছে। এই মহাসাগৰে ভাৰতৰ বাণিজ্য আৰু শক্তিৰ উৎসৰ ৯০% বহন কৰে। ই বৈশ্বিক বাণিজ্যৰো আয়ুস ৰেখা। তিনি বছৰৰ পূৰ্বে মৰিচাচত মই এটা শব্দত আমাৰ দৃষ্টিভংগী ব্যাখ্যা কৰিছিলো।- সেয়া হৈছে Segion। অৰ্থাৎ অঞ্চলটোৰ সকলোৰে নিৰাপত্তা আৰু বিকাশ হওঁক। আৰু তাকেই আমি আমাৰ পূবৰ ক্ষেত্ৰত অনুকৰণ কৰো। এতিয়া অধিক দৃঢ়তাৰে আমাপৰ এক্ট ইষ্ট পলিচিৰ জৰিয়তে ইয়াক পালন কৰিছো। দক্ষিণ-পূব এছিয়া স্থল আৰু সাগৰীয় দিশৰ পৰা চুবুৰীয়া দেশ। প্ৰতিখন দক্ষিণ-পূব দেশৰ সৈতে আমাৰ বিকাশশীল ৰাজনৈতিক, অৰ্থনৈতিক আৰু প্ৰতিৰক্ষামুলক সম্পৰ্ক বিদ্যমান। আছিয়ানৰ সৈতে আমাৰ বিগত ২৫ বছৰীয়া কৌশলগত সহযোগিতা আছে। জাপানৰ সৈতে আমাৰ সম্পৰ্ক-অৰ্থনীতিৰ পৰা কৌশলগত সহযোগিতালৈকে সম্পূৰ্ণ স্বচ্ছ। ই আমাৰ বাবে সহযোগিতাৰ এক অমূল্য উপাদানৰ লগতে ভাৰতৰ এক্ট ইষ্ট পলিচিৰো আধাৰশিলা স্বৰূপ। কোৰিয়াৰ সৈতে আমাৰ শক্তিশালী সম্পৰ্ক আছে। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ সৈতে আমাৰ সহোগিতাই নতুন শক্তি যোগাইছে। প্ৰায় তিনি বছৰৰ পূৰ্বে মই ফিজি ভ্ৰমণ কৰি প্ৰশান্ত মহাসাগৰীয় দেশখনৰ সৈতে সফলতাৰে এক নতুন অধ্যায়ৰ সূচনা কৰিলো। ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ সহযোগিতামুলক মঞ্চ(এফআইপিআইচি)ৰ বৈঠকে এই দেশসমূহৰ সৈতে থকা ভৌগোলিক দুৰত্বৰ মাজত আগ্ৰহ আৰু কাৰ্যৰ দ্বাৰা যোগসূত্ৰ স্থাপন কৰিলে। ৰাছিয়াৰ সৈতে ভাৰতৰ প্ৰথম কৌশলগত সহযোগিতাই বিশেষ মাত্ৰা লাভ কৰিলে। দহ দিন পূৰ্বে মই ছোচিত ৰাষ্ট্ৰপতি পুটিনৰ সৈতে মিলিত হৈ শক্তিশালী মাল্টি প’লাৰ বিশ্বৰ সম্মুখত দেখা দিয়া সময়ৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব পৰাকৈ আমি মতামত আগবঢ়াইছো। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সৈতে আমাৰ বৈশ্বিক কৌশলগত সহযোগিতা আমাৰ সম্পৰ্কৰ অসাধাৰণ অংশক লৈ গভীৰ হৈ উঠিছে। এই সহযোগিতাৰ গুৰুত্বপূৰ্ণ স্তম্ভ হৈছে আমাৰ মুক্ত, সুস্থিৰ, নিৰাপদ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলক সমৃদ্ধিশালীৰ সন্দৰ্ভত মিলিত দৃষ্টিভংগী। চীনৰ সৈতে আমাৰ যি সম্পৰ্ক, সেয়া আন কোনো দেশৰ সৈতে নাই। আমি বিশ্বৰ দুখন সৰ্বাধিক জনবহুল দেশৰ লগতে দ্ৰুত বিকাশশীল অৰ্থনীতিৰ দেশসমূহৰো অন্যতম। আমাৰ সহযোগিতা বৰ্তমান সম্প্ৰসাৰিত হৈছে। বাণিজ্যও বিকশিত হৈছে। আৰু আমি আমাৰ সমস্যাবোৰ সমাধান আৰু সীমান্তত শান্তি নিশ্চিত কৰাৰ বাবে আমাৰ পৰিপক্কতাৰ লগতে জ্ঞানক প্ৰদৰ্শিত কৰিছো। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত আমাৰ উপস্থিত দিনে দিনে বিকশিত হৈছে। যোৱা এপ্ৰিল মাহত চীনৰ প্ৰধানমন্ত্ৰী জিৰ সৈতে দুদিনীয়া অনানুষ্ঠানিক বৈঠকে আমাৰ বুজাবুজিত দৃঢ়তা অনাৰ লগতে দুয়ো দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী আৰু সুস্থিৰ কৰি বৈশ্বিক শান্তি আৰু প্ৰগতিত গুৰুত্বপূৰ্ণ কাৰক হিচাপে কাম কৰিছে। মই খুবেই বিশ্বাস কৰো যে এছিয়া আৰু বিশ্বৰ ভৱিষ্যত সুন্দৰ হ’ব, যদিহে ভাৰত আৰু চীনে একেলগে বিশ্বাসেৰে কাম কৰে। ভাৰতে স্বাধীনতা লাভ কৰাৰ ৭৫ তম বৰ্ষপূৰ্তিত ২০২২ চনত দেশক পৰিৱৰ্তনশীল ভাৰতৰ পৰা নিউ ইণ্ডিয়ালৈ পৰ্যবসিত কৰাটোৱেই আমাৰ মুখ্য মিচন। আমি প্ৰতি বছৰে ৭.৫ৰ পৰা ৮%লৈ বিকাশৰ দিশে অগ্ৰসৰ হৈছো। আমাৰ অৰ্থনীতিৰ বিকাশ হ’ব, তেতিয়াই আমাৰ বৈশ্বিক আৰু আঞ্চলিক সংহতিও বৃদ্ধি কৰিবলৈ সক্ষম হৈছো। ৮০০ মিলিয়নতকৈ অধিক যুৱশক্তিৰ এখন দেশে জানে যে তেওঁলোকৰ ভৱিষ্যত কেৱল ভাৰতীয় অৰ্থনীতিৰ বাবে নহয়, বৈশ্বিক সম্পৰ্কৰ গাঢ়তাৰ জৰিয়তেহে নিৰাপদ হ’ব। যিকোনো ঠাইৰ সৈতে আমাৰ সম্পৰ্ক গভীৰ হ’ব আৰু অঞ্চলটোত আমাৰ উপস্থিত বৃদ্ধি পাব। এইখন আন্তঃনিৰ্ভৰ ভাগ্য আৰু বিফলতাৰ এক বিশ্ব। কোনো ৰাষ্ট্ৰই অকলে নিজেই নিজৰ সুৰক্ষা গঢ় দিব নোৱাৰে। এইখন এনে এখন দেশ, য’ত আমি সকলোৱে বিভাজন আৰু প্ৰতিযোগিতাৰ ঊৰ্ধত থাকি একেলগে কাম কৰিব লাগে। এয়া সম্ভৱনে? হয়, এয়া সম্ভৱ। মই এইক্ষেত্ৰত আছিয়ানক ইয়াৰ উপযুক্ত উদাহৰণ আৰু প্ৰেৰণা বুলি ভাৱো। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলক এটি বিশেষ কৌশল কেন্দ্র বা সীমিত সংখ্যক সদস্যৰ গোষ্ঠী হিচাপে ভাৰতে চাব নিবিচাৰে। তদুপৰি, কোনো দেশৰ বিৰুদ্ধে গঢ়ি তোলা মঞ্চ হিচাপেও আমি ইয়াক বিবেচনা কৰিব নিবিচাৰো। ইয়াৰ দৰে ভৌগোলিক সংজ্ঞা একো হ’ব নোৱাৰে। ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী অতি ইতিবাচক আৰু ইয়াৰ যথেষ্ট উপাদান আছে। এক, আমাৰ দৃষ্টিভংগী হৈছে এক উন্মুক্ত আৰু সুসংহত অঞ্চল সৃষ্টি কৰা, যিটোৱে আমাৰ অগ্রগতি আৰু সমৃদ্ধিৰ অভিন্ন উদ্দেশ্য পৰিচালিত কৰে। দুই, দক্ষিণ-পূব এছিয়া হৈছে ইয়াৰ কেন্দ্ৰবিন্দু। আৰু আছিয়ান সদায় ইয়াৰ ভৱিষ্যতৰ কেন্দ্রবিন্দু হৈ থাকিব। এই আদর্শই সদায় ভাৰতক পথ দেখুৱাব। কাৰণ, আমি এই অঞ্চলৰ শান্তি আৰু নিৰাপত্তাৰ স্বার্থত এক স্থাপত্য হিচাপে সহযোগিতা আগবঢ়াব বিচাৰো। তিনি, আমি বিশ্বাস কৰো যে আলোচনাৰ জৰিয়তেহে আমাৰ অভিন্ন সমৃদ্ধি আৰু নিৰাপত্তাৰ বিষয়সমূহ বিচাৰি উলিয়াব লাগিব। তাৰবাবে এক অভিন্ন আইন-ভিত্তিক ব্যৱস্থাৰ প্রয়োজন, যি সকলোৰে ক্ষেত্রত সমানভাবে প্রযোজ্য হ’ব। একেদৰে, সার্বভৌমত্ব আৰু ভৌগলিক অখণ্ডতাৰ প্রতিও বিশ্বাস অটুট থাকিব। এই ব্যৱস্থা আৰু নিয়মনীতি কেইজনমান লোকৰ ক্ষমতাৰ ওপৰত ভিত্তি নকৰি, সকলোৰে সম্মতিত প্ৰস্তুত কৰা হ’ব। ইয়াৰ অর্থ এই যে ৰাষ্ট্রসমূহে যেতিয়ান আন্তর্জাতিক স্তৰত কোনো প্ৰতিশ্ৰুতি দিব, তেতিয়া তাক মানি চলাৰ দিশতো ভাল হ’ব। আঞ্চলিকতা আৰু বহুপাক্ষিকতাবাদৰ প্রতি ইয়েই হ’ল ভাৰতৰ আস্থাৰ ভিত্তি। চাৰি, আকাশ আৰু সমুদ্রৰ উন্মুক্ত অংশ ব্যৱহাৰৰ ক্ষেত্রত আমাৰ সকলোৰে সমান আধিকাৰ আছে। যেতিয়া আমি সকলোৱে এই বিধি মানি চলিম, তেতিয়াই সমুদ্রই আমাৰ সমৃদ্ধিৰ পথ আৰু শান্তিৰ মাধ্যম হৈ উঠিব। আমি সকলো নৌ-বাণিজ্য অপৰাধ দমন, সামুদ্রিক জৈৱ বৈচিত্র্য সংৰক্ষণত, দুর্যোগ মোকাবিলা আৰু নীল অর্থনীতিৰ পৰা সমৃদ্ধিৰ লক্ষ্যৰে অগ্রসৰ হোৱাত সক্ষম হ’ব। পাঁচ, এই অঞ্চলটোৰ সকলোৱেই বিশ্বায়নৰ পৰা উপকৃত হৈছে। এইবোৰৰ ভিতৰত ভাৰতীয় খাদ্য অন্যতম। কিন্তু, এই ক্ষেত্ৰত কিছু বিৰোধিতাৰ সৃষ্টি হৈছে-সামগ্ৰী আৰু সেৱাৰ ক্ষেত্ৰত। বিৰোধিতাৰ আঁৰৰ পৰা ইয়াৰ সমাধান সুত্ৰ বিচাৰি উলিওৱাটো সম্ভব নহয়। আমি সকলোকে সমান অংশীদাৰিত্বৰ ভাৱেৰে চাও। ভাৰতে সদায় মুক্ত আৰু স্থিতিশীল আন্তর্জাতিক বাণিজ্য ব্যৱস্থাৰ পক্ষে মাত মাতি আহিছে। ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলতো আমি আইনভিত্তিক উদাৰ, সামঞ্জস্যপূর্ণ আৰু স্থিতিশীল বাণিজ্যিক পৰিবেশক সমৰ্থন কৰিব। আমাৰ এই নীতি বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্রত সকলো দেশৰ স্বার্থত হ’ব। ছয়, যোগাযোগ ব্যৱস্থাই সদায় অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই বাণিজ্য আৰু সমৃদ্ধিশালী কৰাত অৰিহণা যোগায়। ই এটা অঞ্চলক একত্ৰিত কৰে। ভাৰতে শতিকাজুৰি এই দিশত গুৰুত্ব আৰোপ কৰিপ কৰি আহিছে। এই অঞ্চলটোত যোগাযোগৰ ক্ষেত্ৰত বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰি অহা হৈছে। এয়া সফল হ’লে, ইয়াৰ দ্বাৰা কেৱল আন্তঃগাঁথনিয়েই গঢ় লৈ নুঠে, আমাৰ মাজত বিশ্বাসো গঢ় ল’ব। এই ক্ষেত্ৰত আমি বিভিন্ন দেশ তথা বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰিত্ব গঢ়ি তুলিছো। শেষত, এয়া তেতিয়াহে সম্ভৱ, যদিহে আমাৰ মাজত পূৰ্বৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ মনোভাৱ গঢ় লৈ নুঠে। প্ৰতিদ্বন্দ্বীতাপূৰ্ণ এছিয়াই আমাক আৰু অধিক পিছলৈ ঠেলি দিব। সহযোগিতামূলক এছিয়াই এই শতিকাক অধিক উজ্জ্বল কৰিব। সেয়েহে, প্রতিখন দেশে নিজক সুধি চাওক যে তেওঁলোকে এখন অধিক ঐক্যবদ্ধ বিশ্ব গঢ়িব বিচাৰে নে, বিভেদৰ পথ বাচিব বিচাৰে। এই দায়িত্ব বর্তমান শক্তিধৰ আৰু উত্থানশীল শক্তিধৰ দেশ উভয়ৰে। প্রতিযোগিতা থকাটো স্বাভাবিক। কিন্তু সেয়া যাতে কেতিয়াও প্ৰতিদ্বন্দ্বীৰ কাৰণ হৈ উছে। আমি যেতিয়া একেলগ হৈ কাম কৰিম, তেতিয়া আমি বর্তমান সময় প্রকৃত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব পৰাকৈ সক্ষম হৈ উঠিম। আমাৰ এই গ্রহটোক সুৰক্ষিত কৰি ৰাখিবলৈ সক্ষম হৈ উঠিম। আমি আমাৰ লোকসকলক সন্ত্ৰাসবাদ আৰু চাইবাৰ ভাবূকিৰ পৰা নিৰাপত্তা দিবলৈ সক্ষম। আমি একেলগ হৈ মানৱ সভ্যতাৰ প্ৰতি যথেষ্ট বৰঙণি আগবঢ়াব পাৰো। আৰু আমি যুদ্ধৰ বিভীষিকাৰ আৰু শান্তিৰ আশাৰ মাজেৰেই দিন অতিবাহিত কৰি আহিছো। আমাৰ ক্ষমতাৰ সীমাবদ্ধতাক দেখি আহিছো। আৰু আমি সহযোগিতাৰ ফলো দেখি আহিছো। এই বিশ্ব দুই পথৰ সংযোগস্থলত উপনীত হৈছে। ইতিহাসৰ বেয়া শিক্ষাৰ প্ৰতি প্রলুব্ধ হোৱাৰ পথ যিমান আছে, জ্ঞানৰ পথো সিমানেই আছে। এই জ্ঞানেই আমাৰ ক্ষুদ্র স্বার্থৰ দৃষ্টিভংগীৰ পৰা ওপৰলৈ উঠাৰ আৰু সকলো জাতিৰ কল্যাণৰ স্বার্থত একেলগে কাম কৰাৰ দিক নিৰ্দেশ কৰে। মই সকলোকে এই পথ অনুসৰণ কৰাৰ বাবে আহ্বান জনাইছো। ধন্যবাদ, সকলোকে বহুত বহুত ধন্যবাদ জনাইছো।
ছাংগ্ৰী-লা ডায়েলগত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ লিখিত ৰূপ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%9F-%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%9F%E0%A7%87%E0%A6%87%E0%A6%A8-%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%9F-%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%9F%E0%A7%87%E0%A6%87%E0%A6%A8-%E0%A6%A4/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত ০৭-০৯-২০২২ তাৰিখে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ সভাই ভাৰত চৰকাৰ আৰু ইউনাইটেড কিংডম অব গ্ৰেট ব্ৰিটেইন তথা নৰ্ডাৰ্ণ আয়াৰলেণ্ডৰ মাজত শৈক্ষিক যোগ্যতাৰ পাৰস্পৰিক স্বীকৃতি জ্ঞাপন’ সন্দৰ্ভত যোৱা ২৫-০৪-২০২২ তাৰিখে স্বাক্ষৰিত বুজাবুজিৰ চুক্তিখনলৈ আনুষ্ঠানিক ভাবে অনুমোদন জনাইছে। ভাৰত আৰু ইউনাইটেড কিংডমৰ মাজত শৈক্ষিক সহযোগিতাৰ উত্তৰণ সাধনৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ গতিশীলতা বৃদ্ধিৰ লক্ষ্যৰেই ‘শৈক্ষিক যোগ্যতাৰ পাৰস্পৰিক স্বীকৃতি জ্ঞাপন’ত গুৰুত্ব প্ৰাদন কৰা হৈছে। ইউনাইটেড কিংডমৰ ফালৰ পৰা তেওঁলোকৰ এবছৰীয়া ‘মাষ্টাৰ প্ৰগ্ৰেমৰ পাঠ্যক্ৰমটো’লৈ স্বীকৃতি প্ৰদানৰ বাবে জনোৱা আহ্বানটো বিবেচনা কৰাৰ লগতে ২০২০ চনৰ ১৬ ডিচেম্বৰত নতুন দিল্লীত দুয়োখন দেশৰ শিক্ষামন্ত্ৰীদ্বয়ৰ মাজত অনুষ্ঠিত সভাত এই উদ্দেশ্য সম্পাদনৰ বাবে এক যুটীয়া কৰ্ম-বাহিনী গঠনৰ বাবে লোৱা সিদ্ধান্তলৈ অনুমোদন জনায়। এই কৰ্ম-বাহিনীৰ প্ৰথমখন বৈঠক যোৱা ২০২১ চনৰ ০৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় আৰু পৰৱৰ্তি সময়ত দুয়ো পক্ষৰ মাজত হোৱা বিষদ আলোচনাৰ আধাৰত বুজাবুজিৰ চুক্তিৰ খচৰা প্ৰস্তুত কৰাৰ বাবে দুয়োপক্ষই সহমত ব্যক্ত কৰে। দুয়োখন দেশৰ মাজত প্ৰদান কৰা শৈক্ষিক যোগ্যতালৈ পাৰস্পৰিক স্বীকৃতি, অধ্যয়নৰ কাল, শিক্ষায়তনিক উপাধি/যোগ্যতা সম্পৰ্কীয় নথি-পত্ৰ আৰু শিক্ষা প্ৰতিষ্ঠানসমূহৰ কৰ্তৃত্ব প্ৰদানৰ সুবিধা কৰাটোৱেই হৈছে এই বুজাবুজিৰ চুক্তিৰ লক্ষ্য। আভিযান্ত্ৰিক, চিকিত্সা বিজ্ঞান, নাৰ্ছিং আৰু পেৰা মেডিকেল শিক্ষা, ফাৰ্মাচী, আইন, আৰু স্থাপত্য বিদ্যাৰ দৰে পেছাদাৰী ডিগ্ৰীসমূহ এই চুক্তিৰ আওতাৰ বাহিৰত থাকিব। এই চুক্তিয়ে আমাৰ ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০’ৰ অধীনত ‘ইনটেল-নেশ্যনেলাইজেশ্যন অব এডুকেশ্যন’ৰ বাবে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ মাজত যুটীয়া/দ্বৈত স্নাতক পাঠ্যক্ৰমৰ ব্যৱস্থা কৰাতো সহযোগিতা আগবঢ়াব। এই চুক্তিয়ে দুয়োখন দেশৰ মাজত শৈক্ষিক পৰিকাঠামো, কাৰ্যক্ৰম আৰু মান তথা ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰসকলৰ গতিশীলতা সম্পৰ্কীয় তথ্যৰ দ্বিপাক্ষিক বিনিময়কো উন্নীত কৰিব। ই শৈক্ষিক ক্ষেত্ৰৰ অন্যান্য খণ্ডসমূহ, দুয়ো পক্ষৰ সহমতৰ আধাৰত অধ্যয়নৰ বিকাশ সম্পৰ্কীয় কাৰ্যক্ৰমসমূহকো উত্সাহিত কৰিব। এই চুক্তিয়ে দুয়োখন দেশৰ ৰাষ্ট্ৰীয় নীতি, আইন, বিধি আৰু নিয়ামকসমূহৰ আধাৰত অনুমোদিত যোগ্যতাৰ গ্ৰহণযোগ্যতা সন্দৰ্ভত সমতাৰ অনুসাৰে সমতাৰ স্বীকৃতি প্ৰদান কৰিব।
ভাৰত আৰু গ্ৰেট ব্ৰিটেইন তথা নৰ্ডাৰ্ণ আয়াৰলেণ্ডৰ মাজত ‘শৈক্ষিক যোগ্যতাৰ পাৰস্পৰিক স্বীকৃতি জ্ঞাপন’ সন্দৰ্ভত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিখনলৈ কেবিনেটৰ অনুমোদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B2%E0%A6%BE%E0%A6%B2%E0%A6%95%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A6%BE%E0%A6%A4-%E0%A6%B8%E0%A7%81%E0%A6%AD%E0%A6%BE%E0%A6%B7-%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A6%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B2%E0%A6%BE%E0%A6%B2%E0%A6%95%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A6%BE%E0%A6%A4-%E0%A6%B8%E0%A7%81%E0%A6%AD%E0%A6%BE%E0%A6%B7-%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A6%B0/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ নতুন দিল্লীৰ লালকিল্লাত সুভাষ চন্দ্র বসু সংগ্রহালয়ৰ উদ্বোধন কৰিব। সুভাষ চন্দ্র বসু আৰু ইণ্ডিয়ান নেচনেল আর্মী সম্পর্কীয় সংগ্রহালয়ৰ উদ্বোধন উপলক্ষে এক নামফলক উন্মোচন কৰাৰ পাছত তেওঁ সংগ্রহালয়টো পৰিদৰ্শন কৰিব। জালিয়ানৱালাবাগ আৰু প্রথম বিশ্বযুদ্ধৰ সৈতে জড়িত য়াদ-এ-জালিয়ান সংগ্রহালয়টিও প্ৰধানমন্ত্ৰীয়ে পৰিদৰ্শন কৰাৰ কথা আছে। দিল্লীৰ লালকিল্লাত ১৮৫৭ত ভাৰতৰ প্রথম স্বাধীনতা যুদ্ধ সম্পর্কীয় সংগ্রহালয় আৰু ভাৰতীয় শিল্পকলাক লৈ গঢ়ি উঠা দৃশ্যকলা সংগ্রহালয়টিও প্ৰধানমন্ত্ৰীয়ে পৰিদৰ্শন কৰিব। নেতাজী সুভাষ চন্দ্র বসু আৰু ইণ্ডিয়ান নেচনেল আর্মী সংগ্রহালয়ত সুভাষ চন্দ্র বসু আৰু ইণ্ডিয়ান নেচনেল আর্মীৰ ঐতিহাসিক তথ্য আৰু বিৱৰণ উল্লেখ কৰা আছে। এই সংগ্রহালয়ত সুভাষ চন্দ্র বসু আৰু নেচনেল আর্মীয়ে ব্যৱহাৰ কৰা বিভিন্ন সামগ্রী প্রদর্শিত হৈছে। এই সামগ্রীসমূহৰ ভিতৰত নেতাজীয়ে ব্যৱহাৰ কৰা কাঠৰ চকী আৰু তৰবাৰী, পদক, বেজ, সেনা পোচাককে ধৰি নেচনেল আর্মীৰ সৈতে জড়িত বিভিন্ন সামগ্রী উল্লেখযোগ্য। প্রধানমন্ত্রীয়ে ২০১৮ৰ ২১ অক্টোবৰত এই সংগ্রহালয়ৰ আধাৰশিলা স্থাপন কৰিছিল। নেতাজী সুভাষ চন্দ্র বসুৰ দ্বাৰা গঠিত আজাদ হিন্দ চৰকাৰৰ ৭৫তম বার্ষিকী উদযাপন উপলক্ষে এই সংগ্রহালয়ৰ আধাৰশিলা স্থাপন কৰিছিল। এই উপলক্ষে প্রধানমন্ত্রীয়ে স্বাধীনতাৰ মূল্যবোধক তুলি ধৰিবলৈ লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰিছিল। দুৰ্যোগ মোকাবিলাৰ সৈতে জড়িত ব্যক্তিসকলক সন্মান জনাবলৈ নেতাজী সুভাষ চন্দ্র বসুৰ নামত পুৰস্কাৰ প্রদানৰ কথাও ঘোষণা কৰিছিল প্রধানমন্ত্রীয়ে। একেদৰে তেওঁ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক দেশবাসীৰ উদ্দেশ্যে উৎসর্গা কৰিছিল। নেতাজী সুভাষ চন্দ্র বসু আৰু ইণ্ডিয়ান নেচনেল আর্মীৰ মূল্যবোধ আৰু আদর্শৱলীক প্রধানমন্ত্রীয়ে পুনৰবাৰ যোৱা ৩০ ডিচেম্বৰত আন্দামান-নিকোবৰ দ্বীপপুঞ্জ ভ্ৰমণৰ সময়ত জনতাৰ বাবে তুলি ধৰিছিল। ভাৰতীয় ভূ-খণ্ডত নেতাজী সুভাষ চন্দ্র বসুৰ ত্রিবর্ণ ৰঞ্জিত জাতীয় পতাকা উত্তোলনৰ ৭৫তম বার্ষিকী উদযাপন উপলক্ষে প্রধানমন্ত্রীয়ে স্মাৰক ডাক টিকট, মুদ্রা আৰু সৰু পুস্তিকা প্রকাশ কৰে। ভাৰতৰ স্বাধীনতাৰ বাবে আন্দামান-নিকোবৰৰ অসংখ্য যুৱক নেতাজীৰ আহ্বানত কিদৰে নিজৰ উৎসর্গা কৰিছিল, সেই কথাও স্মৰণ কৰে প্রধানমন্ত্রীয়ে। ১৯৪৩ৰ সেই বিশেষ দিন, যিদিনা নেতাজীয়ে ত্রিৰংগা জাতীয় পতাকা উত্তোলন কৰিছিল, সেই কথাক স্মৰণ কৰি প্রধানমন্ত্রী ১৫০ ফুট উচ্চতাৰ জাতীয় পতাকা উত্তোলন কৰে। নেতাজীৰ প্রতি উপযুক্ত শ্রদ্ধা আৰু সন্মান জনাবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ৰোজ দ্বীপৰ নাম সলনি কৰি নেতাজী সুভাষ চন্দ্র বসু দ্বীপ নামেৰে নামকৰণ কৰে। ইয়াৰ পূৰ্বে প্রধানমন্ত্রীয়ে ২০১৫ৰ অক্টোবৰত নেতাজী সুভাষ চন্দ্র বসুৰ পৰিয়ালৰ সদস্যসকলে দেখা কৰি কেন্দ্রীয় চৰকাৰৰ তত্ত্বাৱধানত থকা নেতাজী সম্পর্কীয় বিভিন্ন ফাইল প্রকাশৰ বাবে তেওঁক অনুৰোধ জনায়। ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখাগাৰত আয়োজিত এক অনুষ্ঠানত যোৱা বছৰৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোদীয়ে নেতাজী সম্পর্কীয় ১০০টা ফাইলৰ ডিজিটেল সংস্কৰণ জনতাৰ বাবে প্রকাশ কৰে। য়াদে-এ-জালিয়ান সংগ্রহালয়ত ১৯১৯ৰ ১৩ এপ্রিল জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ বিভিন্ন তথ্য ৰখা হৈছে। তদুপৰি, এই সংগ্রহালয়ত প্রথম বিশ্বযুদ্ধৰ সময়ত ভাৰতীয় সেনানীৰ বীৰত্ব, সৌর্য্য আৰু আত্মবলিদানৰ বিভিন্ন কাহিনীয়ে সংৰক্ষিত হৈছে। ১৮৫৭ চনত ভাৰতৰ প্রথম স্বাধীনতা যুদ্ধৰ সৈতে জড়িত বিভিন্ন ঐতিহাসিক ঘটনাৰ লগতে ভাৰতীয়সকলৰ সাহসিকতা আৰু আত্মবলিদানৰ ঘটনাও এই সংগ্রহালয়ত তুলি ধৰা হৈছে। ষোড়শ শতাব্দীৰ পৰা ভাৰতৰ স্বাধীনতা পর্যন্ত ভাৰতীয় শিল্পকলাৰ বিভিন্ন নিদর্শন দৃশ্যকলা সংগ্রহালয়ত প্রদর্শনীৰ ব্যৱস্থা কৰা হৈছে। গণৰাজ্য দিৱসৰ পূর্বে এই সংগ্রহালয়সমূহ পৰিদৰ্শন কৰি প্রধানমন্ত্রীয়ে স্বাধীনতা সংগ্রামত দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ যোদ্ধাসকলৰ স্মৃতিৰ উপযুক্ত শ্রদ্ধা জনাব।
লালকিল্লাত সুভাষ চন্দ্র বসু সংগ্রহালয় উদ্বোধন কৰিব প্রধানমন্ত্রীয়ে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%AE%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%B2%E0%A7%8D%E0%A6%A5-%E0%A6%97%E0%A7%87%E0%A6%AE%E0%A6%9B-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8%E0%A6%A4-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%AE%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%B2%E0%A7%8D%E0%A6%A5-%E0%A6%97%E0%A7%87%E0%A6%AE%E0%A6%9B-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8%E0%A6%A4-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A7%B0/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহামত অনুষ্ঠিত কমনৱেল্থ গেমছ, ২০২২ত স্বৰ্ণ পদক জয়ী ভাৰত্তোলক মীৰাবাই চানুক অভিনন্দন জনাইছে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “ব্যতিক্ৰমী@mirabai_chanuয়ে আকৌ ভাৰতক গৌৰৱান্বিত কৰিলে! প্ৰতিগৰাকী ভাৰতীয়ই আনন্দিত যে তেওঁ এটা সোণ লাভ কৰাৰ লগতে বাৰ্মিংহাম গেমছত কমনৱেলথৰ নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। তেওঁৰ সফলতাই বহু ভাৰতীয়ক, বিশেষকৈ উদীয়মান খেলুৱৈক অনুপ্ৰাণিত কৰিব।”
কমনৱেল্থ গেমছ, ২০২২ত স্বৰ্ণ পদক জয়ী ভাৰত্তোলক মীৰাবাই চানুক প্ৰধানমন্ত্ৰীৰ অভিনন্দ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%87%E0%A6%9F%E0%A6%BE%E0%A6%B2%E0%A7%80%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%87%E0%A6%9F%E0%A6%BE%E0%A6%B2%E0%A7%80%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A6%BF/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত বৃহস্পতিবাৰে ভাৰত আৰু ইটালীৰ মাজত কৃষি আৰু ফাইটোছেনিটাৰি বিষয়সমূহৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনায়। ২০০৮ চনৰ জানুৱাৰীত স্বাক্ষৰ কৰা পূৰ্বৰ চুক্তিখনৰ ম্যাদ ২০১৮ চনৰ জানুৱাৰীত শেষ হোৱাৰ বাবে এই চুক্তি স্বাক্ষৰ কৰা হয়। এই বুজাবুজি চুক্তিয়ে ফাইটোছেনিটাৰি বিষয়, কৃষিজাত উৎপাদনৰ লগতে পশুপালন, কৃষি গৱেষণা, খাদ্যপ্রস্তুতকৰণ আৰু অন্য কেতবোৰ অতিৰিক্ত ক্ষেত্রৰ বিস্তৃত দিশ সামৰি উভয়পক্ষৰ পাৰস্পৰিক সিদ্ধান্ত ক্ৰমে নিৰ্ধাৰণ কৰাৰ ক্ষেত্রত সহযোগিতা আগবঢ়াব। এই বুজাবুজি চুক্তিৰ অধীনত কৃষি আৰু গ্রামোন্নয়নৰ তথ্য বিনিময় কৰা, কৃষিযান্ত্রিকীকৰণ/পামৰ যন্ত্রপাতি আৰু কৃষিভিত্তিক উদ্যোগৰ আন্তঃগাঁথনিৰ ক্ষেত্রত প্রযুক্তিৰ বিনিময় আৰু উৎপাদনত সহায় কৰা, আধুনিক বৈজ্ঞানিক গৱেষণা আৰু প্রযুক্তিভিত্তিক পশুপালনৰ ক্ষেত্রত প্রযুক্তিগত বাধা দূৰ কৰা আৰু অভিজ্ঞতাৰ বিনিময় কৰা ইত্যাদি বিষয়বোৰ সম্ভৱ হ’ব। এই বুজাবুজি চুক্তিয়ে নির্দিষ্ট যৌথ পদ্ধতিৰ জৰিয়তে কৃষি ক্ষেত্রত দ্বিপাক্ষিক বিনিময়ত উৎসাহ যোগোৱাৰ বাবে এটি যুটীয়া কার্যকৰী গোট গঠন কৰা, কৃষি-সংক্রান্তীয় সহযোগিতাৰ বাবে দীর্ঘম্যাদী উদ্যোগ বিবেচনা কৰা আৰু ৰপ্তানি সামগ্ৰীৰ ক্ষেত্ৰত ফাইটোছেনিটাৰিৰ ক্ষতিশংকা হ্ৰাস কৰাৰ বাবে সহযোগিতা বৃদ্ধি কৰিব। এই চুক্তিয়ে দুয়ো দেশৰ চৰকাৰী সংস্থা, বৈজ্ঞানিক আৰু শৈক্ষিক প্ৰতিষ্ঠান তথা ব্যৱসায়ী গোষ্ঠীৰ মাজত যোগাযোগৰ ক্ষেত্রত উৎসাহ বৃদ্ধি কৰাৰ লগতে তাক সহজ কৰি তুলিব আৰু দুয়ো দেশৰ সংশ্লিষ্ট গৱেষণা প্রতিষ্ঠানৰ মাজত অধিক সহযোগিতাত উৎসাহিত কৰিব।
ভাৰত আৰু ইটালীৰ মাজত কৃষি আৰু ফাইটোছেনিটাৰি বিষয়সমূহৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে প্ৰস্তাৱিত বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8B%E0%A7%B0%E0%A6%A4-%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%B9%E0%A7%80%E0%A6%A6-%E0%A6%87%E0%A6%AE%E0%A6%BE%E0%A6%AE-%E0%A6%B9%E0%A7%81%E0%A6%9B%E0%A7%87/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8B%E0%A7%B0%E0%A6%A4-%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%B9%E0%A7%80%E0%A6%A6-%E0%A6%87%E0%A6%AE%E0%A6%BE%E0%A6%AE-%E0%A6%B9%E0%A7%81%E0%A6%9B%E0%A7%87/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইন্দোৰত শ্বহীদ ইমাম হুছেইন(এছএ)ৰ স্মৃতিচাৰণ অনুষ্ঠান- আছাৰা মুবাৰক উপলক্ষে সমবেত ডাউদী বোহৰা সম্প্ৰদায়ৰ লোকসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়। ইমাম হুছেইনৰ ত্যাগৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইমামে সদায় অন্যায়ৰ বিৰুদ্ধে থিয় দিছিল আৰু শান্তি আৰু ন্যায়ৰ বাবে শ্বহীদ হৈছিল। তেওঁ লগতে কয় যে ইমামৰ শিক্ষা বৰ্তমানেও প্ৰাসংগিক। ড০ ছৈয়দনা মুফাদ্দল ছৈফুদ্দিনে কৰা কামৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰতি প্ৰেম আৰু সমৰ্পনেই আছিল তেওঁৰ শিক্ষাৰ মুল উপাদান। প্রধানমন্ত্রীয়ে কয় যে সকলোকে একলগে লৈ আগবঢ়াৰ সংস্কৃতি আৰু কৃষ্টিয়ে ভাৰতক অন্যান্য দেশৰ পৰা পৃথক কৰিছে। তেওঁ পুনৰ কয় “আমি অতীতক লৈ আমি গৌৰৱান্বিত, আমি বর্তমানত বিশ্বাসী আৰু আমাৰ ভৱিষ্যতক লৈ আস্থাশীল।” ডাউদী বোহৰা সম্প্রদায়ৰ অৱদানৰ কথা উল্লেখ কৰে প্রধানমন্ত্রীয়ে কয় যে এই সম্প্রদায়ে ভাৰতৰ প্ৰগতি আৰু বিকাশত সদায় গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। তেওঁ আশা প্রকাশ কৰে যে সমগ্র বিশ্বত ভাৰতীয় সংস্কৃতি আৰু কৃষ্টিৰ সক্ষমতা প্ৰসাৰৰ ক্ষেত্ৰত এই সম্প্রদায়ৰ মহান প্রচেষ্টা অব্যাহত থাকিব। বোহৰা সম্প্রদায়ক প্রশংসা কৰি প্রধানমন্ত্রীয়ে লগতে কয় যে সম্প্রদায়টোৰ লোকসকলৰ মৰম আৰু ভালপোৱা তেওঁৰ বাবে সৌভাগ্যৰ কথা। গুজৰাটৰ মুখ্যমন্ত্রী হৈ থকা কালতো এই সম্প্রদায়ৰ সহায়ৰ কথা সুঁৱৰি মোদীয়ে কয় যে এই সম্প্রদায়ৰ লোকসকলৰ প্ৰেম-ভালপোৱাৰ খাতিৰতে তেওঁ ইন্দোৰলৈ আহিছে। ডাউদী বোহৰা সম্প্রদায়ৰ বিভিন্ন সমাজ সেৱামূলক প্ৰচেষ্টাৰ প্রশংসা কৰি প্রধানমন্ত্রীয়ে কয় যে সাধাৰণ লোকসকল, বিশেষকৈ দৰিদ্র আৰু আর্তজনৰ জীৱনযাত্রাৰ মানদণ্ডৰ উন্নয়ন সুনিশ্চিত কৰিবলৈ চৰকাৰে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰসংগক্ৰমে তেওঁ ‘আয়ুষ্মান ভাৰত’, ‘স্বচ্ছ ভাৰত অভিযান’ আৰু ‘প্রধানমন্ত্রী আবাস যোজনা’ৰ দৰে বিভিন্ন চৰকাৰী উন্নয়নমূলক আঁচনিৰ কথা উল্লেখ কৰে। চৰকাৰৰ এই আঁচনিসমূহে সাধাৰণ জনতাৰ জীৱন যাত্রাত ব্যাপক পৰিৱর্তন আনিছে বুলি তেওঁ মত প্রকাশ কৰে। “স্বচ্ছ ভাৰত অভিযান”ক আগুৱাই নিয়াৰ বাবে প্রধানমন্ত্রীয়ে ইন্দোৰৰ লোকসকলক অভিনন্দন জনায়। তেওঁ কয় যে কাইলৈ ‘স্বচ্ছতাই প্রকৃত সেৱা’ কার্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। এই ব্যাপক স্বচ্ছতা অভিযানত সক্রিয়ভাৱে অংশগ্রহণ কৰাৰ বাবে তেওঁ সাধাৰণ জনতাক আহ্বান জনায়। ব্যৱসায়ৰ ক্ষেত্রত বোহৰা সম্প্রদায়ৰ সততাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) আৰু দেউলীয়া আৰু ঋণ পৰিশোধত অক্ষমতা আইনৰ জৰিয়তে চৰকাৰে সৎ ব্যৱসায়ীসকলক উৎসাহিত কৰাৰ কাম কৰিছে। তেওঁ কয় যে ভাৰতীয় অর্থনীতিৰ বিকাশ হৈছে আৰু নতুন ভাৰত গঢ়ি উঠাৰ লক্ষ্যৰে আগবাঢ়িছে। অনুষ্ঠানত মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শ্রী শিৱৰাজ সিং চৌহানো উপস্থিত থাকে। ইয়াৰ পূৰ্বে ড০ ছৈয়দনা মুফাদ্দল ছৈইফুদ্দিনে দৃষ্টান্তমূলক কামৰ বাবে প্রধানমন্ত্রীৰ প্রশংসা কৰে আৰু দেশৰ স্বার্থত তেওঁৰ কর্মপ্রচেষ্টাৰ সফলতা কামনা কৰে।
ইন্দোৰত শ্বহীদ ইমাম হুছেইন(এছএ)ৰ স্মৃতিচাৰণ অনুষ্ঠান-আছাৰা মুবাৰকত অংশ ল’লে প্ৰধানমন্ত্ৰীয়ে; সমবেত ৰাইজক উদ্দেশ্যি আগবঢ়ালে ভাষণ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A7%B0%E0%A6%BE%E0%A6%B2%E0%A6%BE%E0%A7%B0-%E0%A6%95%E0%A7%8B%E0%A6%9A%E0%A6%BF%E0%A6%A4-%E0%A6%AE%E0%A7%87%E0%A6%9F%E0%A7%8D%E0%A7%B0-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A7%B0%E0%A6%BE%E0%A6%B2%E0%A6%BE%E0%A7%B0-%E0%A6%95%E0%A7%8B%E0%A6%9A%E0%A6%BF%E0%A6%A4-%E0%A6%AE%E0%A7%87%E0%A6%9F%E0%A7%8D%E0%A7%B0-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A7%B0/
কেৰালাৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী শ্ৰী পিনাৰাই বিজয়নজী, কেৰালা চৰকাৰৰ মন্ত্ৰী, অন্যান্য গণ্যমান্য ব্যক্তি, কোচিৰ মোৰ ভাই-ভনীসকল! আজি কেৰালাৰ প্ৰতিটো কোণ ওনামৰ পৱিত্ৰ উৎসৱৰ আনন্দেৰে ভৰি পৰিছে। এই উৎসাহ উপলক্ষে কেৰালাই সংযোগ সম্পৰ্কীয় ৪৬০০ কোটি টকাৰ অধিক মূল্যৰ প্ৰকল্পৰ উপহাৰ লাভ কৰিছে। জীৱন ধাৰণৰ সহজতা আৰু ব্যৱসায় কৰাৰ সহজতা বৃদ্ধি কৰা এই প্ৰকল্পসমূহৰ বাবে মই আপোনালোক সকলোকে অভিনন্দন জনাইছো। আমি, ভাৰতৰ জনসাধাৰণে অহা ২৫ বছৰত উন্নত ভাৰত গঢ়ি তোলাৰ এক বৃহৎ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছো। উন্নত ভাৰতৰ এই ৰোডমেপত আধুনিক আন্তঃগাঁথনিৰ এক বৃহৎ ভূমিকা আছে। আজি কেৰালাৰ এই মহান ভূমিৰ পৰা উন্নত ভাৰতৰ বাবে আন এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। বন্ধুসকল, মোৰ মনত আছে, মই ২০১৭ চনৰ জুন মাহত কোচি মেট্ৰ’ৰ আলুভাৰ পৰা পালাৰিৱট্টমলৈকে শাখাটো উদ্বোধন কৰাৰ সুযোগ পাইছিলো। কোচি মেট্ৰ’ ফেজ-১ সম্প্ৰসাৰণ আজি উদ্বোধন কৰা হৈছে। লগতে, কোচি মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়ৰ আধাৰশিলাও স্থাপন কৰা হৈছে। কোচি মেট্ৰ’ জে.এল.এন.-ৰ দ্বিতীয় পৰ্যায় ষ্টেডিয়ামৰ পৰা ইনফোপাৰ্কলৈ যাব। ই এছইজেড-কোচি স্মাৰ্ট চিটিক কাক্কানাদাৰ সৈতে সংযোগ কৰিব। অৰ্থাৎ কোচি মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়টো আমাৰ যুৱসকলৰ বাবে, পেছাদাৰী সকলৰ বাবে এক ডাঙৰ আশীৰ্বাদ হ’ব। সমগ্ৰ দেশৰ নগৰ উন্নয়ন, পৰিবহণ উন্নয়নক এক নতুন দিশ প্ৰদান কৰাৰ বাবে কোচিতো কাম আৰম্ভ হৈছে। কোচিত একত্ৰিত মেট্ৰ’পলিটান পৰিবহণ কৰ্তৃপক্ষ কাৰ্যকৰী কৰা হৈছে। এই কৰ্তৃপক্ষই পৰিবহণৰ সকলো মাধ্যম, যেনে মেট্ৰ’ , বাছ, জলপথ একত্ৰিত কৰাৰ বাবে কাম কৰিব। মাল্টি-মডেল সংযোগৰ এই আৰ্হিৰ পৰা, কোচি চহৰৰ তিনিটা পোনপটীয়া লাভালাভ থাকিব। ই চহৰখনৰ মানুহে কৰবাত ভ্ৰমণ কৰিবলৈ লোৱা সময় হ্ৰাস কৰিব, ৰাস্তাত যান-বাহন হ্ৰাস কৰিব আৰু চহৰখনত প্ৰদূষণ হ্ৰাস কৰিব। ই পৰিৱেশ সুৰক্ষাৰ বাবে ভাৰতে গ্ৰহণ কৰা নেট জিৰোৰ বৃহৎ সমাধানত সহায় কৰিব, ই কাৰ্বন পদচিহ্ন হ্ৰাস কৰিব। যোৱা আঠ বছৰত, কেন্দ্ৰীয় চৰকাৰে মেট্ৰ’ক নগৰ পৰিবহণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে গঢ়ি তুলিবলৈ নিৰন্তৰ কাম কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰে ৰাজধানীৰ পৰা ৰাজ্যখনৰ অন্যান্য মুখ্য চহৰলৈ মেট্ৰ’ সম্প্ৰসাৰিত কৰিছে। আমাৰ দেশৰ প্ৰথমখন মেট্ৰ’ প্ৰায় ৪০ বছৰ আগতে চলিছিল। পৰৱৰ্তী ৩০ বছৰত, দেশখনত ২৫০ কিলোমিটাৰতকৈও কম মেট্ৰ’ নেটৱৰ্ক নিৰ্মাণ কৰা হৈছিল। যোৱা আঠ বছৰত, দেশখনত ৫০০ কিলোমিটাৰৰো অধিক নতুন মেট্ৰ’ পথ প্ৰস্তুত কৰা হৈছে আৰু ১,০০০ কিলোমিটাৰৰো অধিক মেট্ৰ’ পথত কাম চলি আছে। আমি ভাৰতীয় ৰেলৰ সম্পূৰ্ণ ৰূপান্তৰণৰ কাম কৰি আছো। আজি দেশৰ ৰে’ল ষ্টেচনসমূহো বিমানবন্দৰৰ দৰে বিকশিত কৰা হৈছে। আজি কেৰালাই লাভ কৰা প্ৰকল্পসমূহৰ ভিতৰত কেৰালাৰ ৩টা মুখ্য ৰে’ল ষ্টেচনৰ পুনৰ বিকাশ আৰু সেইবোৰক আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ কৰাৰ পৰিকল্পনাও আছে। এতিয়া এৰ্নাকুলাম টাউন ষ্টেচন, এৰ্নাকুলাম জংচন আৰু কোল্লাম ষ্টেচনত আধুনিক সুবিধাও নিৰ্মাণ কৰা হ’ব। কেৰালাৰ ৰে’ল সংযোগে আজি এক নতুন মাইলৰ খুঁটিত উপনীত হৈছে। তিৰুৱন্তপুৰমৰ পৰা মাংগালুৰুলৈ সমগ্ৰ ৰেল পথ দুগুণ কৰা হৈছে। সাধাৰণ যাত্ৰীসকলৰ লগতে কেৰালাৰ ভক্তসকলৰ বাবে এইটো এটা ডাঙৰ সুবিধা। এট্টুমানুৰ-চিঙ্গাভানাম-কোট্টায়াম ট্ৰেক দুগুণ কৰাৰ ফলত ভগৱান আয়াপ্পাৰ দৰ্শন যথেষ্ট সহজ হ’ব। এয়া আছিল লাখ লাখ ভক্তৰ দীৰ্ঘদিনীয়া দাবী, যিটো এতিয়া পূৰণ কৰা হৈছে। শবৰীমালালৈ আহিব বিচৰা সমগ্ৰ দেশ আৰু বিশ্বৰ ভক্তসকলৰ বাবে এইটো এটা আনন্দৰ উপলক্ষ। কোল্লাম-পুনালুৰ শাখাৰ বৈদ্যুতিকীকৰণে সমগ্ৰ অঞ্চলটোত প্ৰদূষণমুক্ত, দ্ৰুত ৰে’ল যাত্ৰাৰ সুবিধা প্ৰদান কৰিব। ই স্থানীয় লোকসকলৰ সুবিধাৰ লগতে এই জনপ্ৰিয় পৰ্যটন স্থলীৰ আকৰ্ষণ আৰু বৃদ্ধি কৰিব। কেৰালাত প্ৰায় ১ লাখ কোটি টকাৰ বিভিন্ন আন্তঃগাঁথনি প্ৰকল্পৰ কাম চলি আছে। এই আধুনিক আন্তঃগাঁথনিৰ ফলত কেৰালাত কৃষিৰ পৰা উদ্যোগলৈকে নতুন নিযুক্তিৰ সুযোগ সৃষ্টি হ’ব, ই ইয়াক শক্তি প্ৰদান কৰিব। কেন্দ্ৰীয় চৰকাৰে কেৰালাৰ সংযোগৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। আমাৰ চৰকাৰে কেৰালাৰ জীৱনৰেখা বুলি কোৱা ৰাষ্ট্ৰীয় ঘাইপথ-৬৬ক ৬ লেনলৈ ৰূপান্তৰিত কৰিছে। ইয়াৰ বাবে ৫৫,০০০ কোটি টকাতকৈও অধিক ব্যয় কৰা হৈছে। আধুনিক আৰু উন্নত সংযোগৰ দ্বাৰা পৰ্যটন আৰু বাণিজ্য আটাইতকৈ বেছি লাভান্বিত হয়। পৰ্যটন হৈছে এক উদ্যোগ য’ত দৰিদ্ৰ, মধ্যবিত্ত, গাওঁ, চহৰ, সকলোৱে যোগদান কৰে, সকলোৱে উপাৰ্জন কৰে। স্বাধীনতাৰ অমৃত কালত পৰ্যটনৰ বিকাশে দেশৰ উন্নয়নত যথেষ্ট সহায় কৰিব। কেন্দ্ৰীয় চৰকাৰে পৰ্যটন খণ্ডত উদ্যোগৰ বাবে যথেষ্ট উদগনিও দি আছে। মুদ্ৰা আঁচনিৰ অধীনত, ১০ লাখ টকালৈকে বিনা গেৰাণ্টীৰ ঋণ উপলব্ধ। কেৰালাত, এই আঁচনিৰ অধীনত লাখ লাখ ক্ষুদ্ৰ উদ্যোগীক ৭০,০০০ কোটি টকাৰ অধিক টকা দিয়া হৈছে। তেওঁলোকৰ বহুতে পৰ্যটন খণ্ডত আছে। কেৰালাৰ বিশেষত্ব এয়াই যে ইয়াত থকা লোকসকলৰ বিশেষত্ব হৈছে যে যত্ন আৰু উদ্বেগ ইয়াত সমাজ জীৱনৰ অংশ। কেইদিনমান আগতে, মই হাৰিয়ানাৰ মা অমৃতানন্দময়ীজীৰ অমৃতা চিকিৎসালয় উদ্বোধন কৰাৰ সুযোগ পাইছিলো। সহানুভূতিৰে পৰিপূৰ্ণ অমৃতানন্দময়ী আম্মাৰ আশীৰ্বাদ লাভ কৰি মই ধন্য হৈছিলোঁ। মই আজি কেৰালাৰ ভূমিৰ পৰা তেওঁলৈ আকৌ এবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। বন্ধুসকল, আমাৰ চৰকাৰে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ মৌলিক মন্ত্ৰৰ ওপৰত কাম কৰি দেশৰ বিকাশ কৰি আছে। স্বাধীনতাৰ এই অমৃত কালত আমি সকলোৱে একেলগে উন্নত ভাৰতৰ পথ শক্তিশালী কৰিম, এই ইচ্ছাৰে, আপোনালোক সকলোকে উন্নয়নমূলক প্ৰকল্পৰ বাবে আকৌ এবাৰ বহু অভিনন্দন জনাইছো। আকৌ এবাৰ, সকলোকে ওনাম উপলক্ষে শুভেচ্ছা জনাইছো।
কেৰালাৰ কোচিত মেট্ৰ’ আৰু ৰে’ল সম্পৰ্কীয় পদক্ষেপৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%B1%E0%A7%B0%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%AE%E0%A6%B9%E0%A6%BE-%E0%A6%B8%E0%A6%AA%E0%A7%8D%E0%A6%A4%E0%A6%AE%E0%A7%80/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%B1%E0%A7%B0%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%AE%E0%A6%B9%E0%A6%BE-%E0%A6%B8%E0%A6%AA%E0%A7%8D%E0%A6%A4%E0%A6%AE%E0%A7%80/
‘নৱৰাত্ৰী’ৰ ‘মহা সপ্তমী’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে তেওঁৰ সকলো ভক্তপ্ৰাণলৈ আই ‘কালৰাত্ৰী’ৰ আশীৰ্বাদো কামনা কৰাৰ লগতে আই ‘কালৰাত্ৰী’ৰ এফাঁকি প্ৰাৰ্থনাও ‘শ্বেয়াৰ’ কৰিছে। প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰিছে; “সুখপ্ৰসন্নৱদনা স্মেৰাননসৰোৰুহাম্। এবং সঞ্চিয়ন্তয়েত্কাল ৰাত্ৰী সৰ্বকামসমৃদ্ধিদাম্।। দেশবাসীক ‘নৱৰাত্ৰী’ৰ ‘মহা সপ্তমী’ৰ মংগলকামনা জনাইছোঁ। আই ‘কালৰাত্ৰী’ৰ কৰুণা আৰু কৃপাৰে আপোনালোক সকলোৰে জীৱন জ্যোতিৰ্গময় আৰু সুখময় হওক। তেওঁৰে জড়িত এক স্তুতি…”
‘নৱৰাত্ৰী’ৰ ‘মহা সপ্তমী’ত জনসাধাৰণলৈ শুভেচ্ছা প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AB%E0%A7%B0%E0%A6%BE%E0%A6%9A%E0%A7%80-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A6%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%B8%E0%A7%88%E0%A6%A4%E0%A7%87-%E0%A6%AA-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AB%E0%A7%B0%E0%A6%BE%E0%A6%9A%E0%A7%80-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A6%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%B8%E0%A7%88%E0%A6%A4%E0%A7%87-%E0%A6%AA-2/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কোপেনহেগেনত দ্বিতীয় ভাৰত-নর্ডিক শীর্ষ সন্মিলনৰ পৰা ওভতাৰ পথত ৪ মে’ত আনুষ্ঠানিকভাৱে ফ্রাঞ্চ ভ্ৰমণ কৰে। পেৰিচত প্রধানমন্ত্রীয়ে মুখামুখীকৈ তথা প্রতিনিধি পর্যায়ত ফৰাচী ৰাষ্ট্রপতি মিঃ ইমানুৱেল মেক্রঁৰ সৈতে বৈঠক কৰে। উভয় নেতাই প্রতিৰক্ষা, মহাকাশ, সমুদ্র সম্পদ-ভিত্তিক অর্থনীতি, অসামাৰিক পৰমাণু আৰু মানুহৰ সৈতে মানুহৰ সম্পর্ক সহ দ্বিপাক্ষিক বিষয়সমূহক লৈ সামগ্রিক পৰিসৰত আলোচনা কৰে। উভয় নেতাই আঞ্চলিক আৰু বিশ্ব পর্যায়ৰ নিৰাপত্তাৰ বিষয় সন্দৰ্ভতো পর্যালোচনা কৰে। ভাৰত – ফ্রাঞ্চ কৌশলগত অংশীদাৰিত্বক বিশ্বৰ কল্যাণত এটা শক্তি হিচাপে ব্যৱহাৰত একেলগে কাম কৰাৰ উপায় সন্দৰ্ভতো আলোচনা কৰে। প্রধানমন্ত্রীৰ এই ফ্রাঞ্চ ভ্ৰমণে কেৱল দুই দেশৰ মাজতে নহয়, দুই নেতাৰ মাজত দৃঢ় বন্ধুত্ব আৰু সদিচ্ছাৰ পৰিচয়ো বহন কৰে। প্রধানমন্ত্রীয়ে ৰাষ্ট্রপতি মেক্রঁ’ক যিমান সোনকালে সম্ভৱ ভাৰত ভ্ৰমণৰ বাবে আমন্ত্রণ জনায়। আলোচনাৰ পিছত এটা যৌথ বিবৃতি জাৰি কৰা হৈছে এই লিঙ্কত – https://mea.gov.in/bilateral-ocuments.htm?dtl/35279/IndiaFrance_Joint_Statement_during_the_Visit_of_Prime_Minister_to_France
ফৰাচী ৰাষ্ট্রপতিৰ সৈতে প্রধানমন্ত্রীৰ বৈঠকৰ প্রেছ বিজ্ঞপ্তি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%A5%E0%A6%B2%E0%A7%87%E0%A6%9F%E0%A6%BF%E0%A6%95%E0%A6%9B%E0%A7%B0-%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%B7%E0%A7%B0-%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%AA%E0%A6%B2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%A5%E0%A6%B2%E0%A7%87%E0%A6%9F%E0%A6%BF%E0%A6%95%E0%A6%9B%E0%A7%B0-%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%B7%E0%A7%B0-%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%AA%E0%A6%B2/
বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত পুৰুষৰ ট্ৰিপল জাম্পত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে এলধোচ পলক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে; “আজিৰ ট্ৰিপল জাম্প ইভেণ্টটো ঐতিহাসিক। আমাৰ খেলুৱৈসকলে উৎকৃষ্ট প্ৰদৰ্শন কৰিছে। সোণৰ পদক অৰ্জন কৰা প্ৰতিভাশালী এলধোচ পলক অভিনন্দন যিয়ে পূৰ্বৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল। তেওঁৰ সমৰ্পণ প্ৰশংসনীয়। #Cheer4India”
এথলেটিকছৰ পুৰুষৰ ট্ৰিপল জাম্পত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে এলধোচ পলক অভিনন্দন প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%81-%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%85%E0%A6%82%E0%A6%B6-%E0%A6%AC%E0%A6%BF%E0%A6%95%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%81-%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%85%E0%A6%82%E0%A6%B6-%E0%A6%AC%E0%A6%BF%E0%A6%95%E0%A7%8D/
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত শত্রু সম্পত্তিৰ অংশ বিক্রীৰ বাবে নীতি–নিয়ম আৰু ব্যৱস্থাৰ ৰূপৰেখা গঠনত অনুমোদন জনায়। সেইবোৰ নিম্নোলিখিত ধৰণৰঃ ১. ১৯৬৮ চনৰ শত্রু সম্পত্তি আইনৰ নির্দিষ্ট ধাৰা অনুসৰি এইবোৰ সম্পত্তিৰ অভিভাৱক হৈছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়/ভাৰতৰ শত্রু সম্পত্তি অভিভাৱক সংস্থা (চিইপিআই)৷ এই সম্পত্তিৰ অংশ বিক্রীৰ বাবে কেন্দ্ৰীয় কেবিনেটে নীতিগত অনুমোদন জনাইছে। ২. বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি পৰিচালন বিভাগক শত্রু সম্পত্তি আইনৰ নির্দিষ্ট ধাৰা অনুযায়ী এই সম্পত্তিসমূহ বিক্ৰীৰ কর্তৃত্ব/অধিকাৰ প্ৰদান কৰা হৈছে। ৩. বিত্ত মন্ত্ৰালয়ৰ চৰকাৰী একাউন্টত নিৰ্বিনিয়োগ আয় হিচাপে এই ধন জমা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সবিশেষঃ আমাৰ দেশত ৯৯৬টা কোম্পানীৰ ২০,৩২৩ গৰাকী শ্বেয়াৰ মালিকৰ মুঠ ৬,৫০,৭৫,৮৭৭টা শ্বেয়াৰ শত্রু সম্পত্তি অভিভাবক সংস্থাৰ অধীনত আছে। এই কোম্পানীসমূহৰ ভিতৰত ৫৮৮টা কার্যকৰী অৱস্থাত আছে। ইয়াৰ ভিতৰত ১৩৯টা সংস্থা পঞ্জীয়নভুক্ত কৰা হৈছে। এই সম্পত্তি বিক্ৰী কৰাৰ বাবে কেন্দ্রীয় বিত্তমন্ত্রীৰ নেতৃত্বত পথ পৰিবহণ মন্ত্রী আৰু গৃহ পৰিক্ৰমা মন্ত্রীক লৈ গঠিত এক বিকল্প ব্যৱস্থা কমিটীৰ অনুমোদনৰ প্ৰয়োজন। এই কমিটীয়ে বিভিন্ন সংস্থাৰ সহযোগিতাত সংশ্লিষ্ট শ্বেয়াৰসমূহৰ মূল্য আৰু পৰিমাণ নির্ধাৰণ কৰি বিক্ৰীৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। সৰ্বাধিক প্ৰভাৱঃ এই সিদ্ধান্তৰ ফলত যিবোৰ শত্রু সম্পত্তিৰ অংশ দীর্ঘকাল ধৰি অব্যৱহৃত হৈ পৰি আছে, তাৰ উপযুক্ত ব্যৱহাৰ হ’ব। ২০১৭ চনত শত্রু সম্পত্তি আইন সংশোধনৰ ফলত এইবোৰ প্ৰতিষ্ঠানগতভাবে বিক্ৰী আৰু ইয়াৰ উপযুক্ত ব্যৱহাৰৰ ব্যৱস্থা কৰা সম্ভৱ হৈ পৰিব৷
শত্রু সম্পত্তিৰ অংশ বিক্রীৰ বাবে নীতি-নিয়ম আৰু ব্যৱস্থাৰ ৰূপৰেখা গঠনত অনুমোদন কেবিনেটৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%95%E0%A7%87%E0%A6%AC%E0%A6%BF%E0%A6%A8%E0%A7%87%E0%A6%9F%E0%A7%87-%E0%A6%87%E0%A6%AF%E0%A6%BC%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC-%E0%A6%95%E0%A7%87%E0%A6%AC%E0%A6%BF%E0%A6%A8%E0%A7%87%E0%A6%9F%E0%A7%87-%E0%A6%87%E0%A6%AF%E0%A6%BC%E0%A6%BE/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে বিবিনিয়োগ (কৌশলগত বিবিনিয়োগ আৰু সংখ্যালঘু অংশবিক্ৰী দুয়োটা) প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে বা ইয়াৰ সহায়ক/প্ৰতিষ্ঠানসমূহ বন্ধ কৰা/যুটীয়া উদ্যোগত অংশীদাৰিত্বৰ পৰামৰ্শ দিয়া আৰু বৈকল্পিক প্ৰণালীক অতিৰিক্ত ক্ষমতা প্ৰদান কৰাৰ বাবে অনুমোদন জনোৱাৰ বাবে হোল্ডিং/কোৰ পিএছইউৰ পৰিচালক মণ্ডলীক অনুমোদন জনাইছে। কেবিনেটে মহাৰত্ন পিএছইউৰ বিবিনিয়োগ (সংখ্যালঘু অংশীদাৰিত্ব বিক্ৰীৰ বাহিৰে) বিবিনিয়োগৰ বাবে 'নীতিগত' অনুমোদন (কৌশলগত বিবিনিয়োগ আৰু সংখ্যালঘু অংশীদাৰিত্ব বিক্ৰী দুয়োটা)/হোল্ডিং/মূল পিএছইউৰ যুটীয়া উদ্যোগত সহায়ক/প্ৰতিষ্ঠান/অংশীদাৰী বিক্ৰী বন্ধ কৰাৰ বাবে বিকল্প প্ৰণালীটো ক্ষমতাপ্ৰদান কৰে। যি য়ে সেইবোৰক মূল/মূল কৰি তোলে পিএছইউৰ দ্বাৰা বিবিনিয়োগৰ প্ৰক্ৰিয়াৰ পুনৰীক্ষণৰ বাবে হোল্ডিং প্ৰদান কৰা হৈছিল। পি.এছ.ইউ.-ৰ দ্বাৰা গ্ৰহণ কৰিবলগা কৌশলগত বিবিনিয়োগ লেনদেন/বন্ধৰ প্ৰক্ৰিয়া মুকলি থাকিব লাগে, প্ৰতিযোগিতামূলক নিবিদাৰ নীতিৰ ওপৰত আধাৰিত কৰি আৰু নিৰ্ধাৰণ কৰিব লগা নিৰ্দেশনা মূলক নীতিৰ সৈতে সামঞ্জস্য ৰাখি। কৌশলগত বিবিনিয়োগৰ বাবে এনে নিৰ্দেশনামূলক নীতিবিনিয়োগ আৰু ৰাজহুৱা সম্পদ ব্যৱস্থাপনা বিভাগে (ডিআইপিএএম) নিৰ্ধাৰণ কৰিব। বন্ধ সম্পৰ্কীয় নিৰ্দেশনা মূলক নীতি ৰাজহুৱা উদ্যোগ বিভাগে (ডিপিই) জাৰী কৰিব। বৰ্তমান, মহাৰত্ন, নৱৰত্ন আৰু মিনিৰত্ন শ্ৰেণীৰ অধীনত বিত্তীয় যুটীয়া উদ্যোগ আৰু সম্পূৰ্ণ মালিকানাধীন সহায়ক কোম্পানী স্থাপনৰ বাবে আৰু মুঠ সম্পত্তিৰ এক নিৰ্দিষ্ট সীমাৰ আধাৰত ইকুইটি বিনিয়োগ কৰিবলৈ হোল্ডিং/পেৰেণ্ট পিএছইউৰ পৰিচালক মণ্ডলী নিয়োগ কৰা হৈছে। অধিগ্ৰহণৰ বাবে কিছুমান বিশেষ অধিকাৰ প্ৰদান কৰা হৈছে। অৱশ্যে, মহাৰত্ন পি.এছ.ইউ.-ক তেওঁলোকৰ সহায়ক কোম্পানীবোৰত অংশীদাৰিত্বৰ সংখ্যালঘু অংশীদাৰিত্ব বিবিনিয়োগৰ বাবে দিয়া কিছুমান সীমিত ক্ষমতাৰ বাহিৰে, বোৰ্ডৰ ইয়াৰ সহায়ক/প্ৰতিষ্ঠান/যুটীয়া উদ্যোগত অংশীদাৰীত্ব বিবিনিয়োগ/বন্ধ কৰাৰ কৰ্তৃত্ব নাই। সেয়েহে, কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ (কৌশলগত বিবিনিয়োগ আৰু সংখ্যালঘু অংশবিক্ৰী দুয়োটা)/তেওঁলোকৰ সহায়ক/কোম্পানী/ এনে সহায়ক কোম্পানীবোৰত বিনিয়োগ কৰা কাৰ্যকলাপ/মূলধনৰ আকাৰআদিৰ বাহিৰে আন এক যৌথ উদ্যোগত গোটবোৰ বন্ধ কৰা বা তেওঁলোকৰ অংশ বিক্ৰী কৰাৰ ক্ষেত্ৰত কেবিনেট/কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ্ছ (চিচিইএ)ৰ অনুমোদনৰ প্ৰয়োজন আছিল। ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ উপস্থিতি হ্ৰাস কৰিবলৈ আৰু কাৰ্যকৰী প্ৰয়োজনীয়তা অনুসৰি, নতুন ৰাজহুৱা প্ৰতিষ্ঠান নীতি, 2021-ৰ আত্মাৰ সৈতে সংগতি ৰাখি, এই সিদ্ধান্তৰ জৰিয়তে বিষয়টোত অতিৰিক্ত ক্ষমতা প্ৰদান কৰা হৈছে। প্ৰস্তাৱটোৰ উদ্দেশ্য হৈছে সিদ্ধান্ত ল'বলৈ পিএছইউ অনুষ্ঠিত কৰাৰ পৰিচালক মণ্ডলীক অধিক স্বায়ত্তশাসন প্ৰদান কৰি আৰু সহায়ক/একক বা যুটীয়া উদ্যোগত তেওঁলোকৰ বিনিয়োগৰ পৰা সময়মতে পৰামৰ্শ দি, তেওঁলোকক উপযুক্ত সময়ত এনে সহায়ক/একক/যুটীয়া উদ্যোগ বন্ধ কৰিবলৈ বা সঠিক সময়ত তেওঁলোকৰ লোকচান আৰু অদক্ষ সহায়ক/একক/যুটীয়া উদ্যোগ বন্ধ কৰি পিএছইউৰ কাৰ্যপ্ৰণালী উন্নত কৰা। মুদ্ৰাকৰণ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰে আগতীয়াসিদ্ধান্ত ল'ব আৰু অপব্যয়ী কাৰ্যকৰী/বিত্তীয় ব্যয় সঞ্চয় কৰিব।
কেন্দ্ৰীয় কেবিনেটে ইয়াৰ সহায়ক/এককসমূহ বিনিয়োগ/বন্ধ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আৰু বৈকল্পিক প্ৰণালীক অতিৰিক্ত ক্ষমতা প্ৰদান কৰাৰ বাবে ধাৰক/মূল পিএছইউৰ পৰিচালক মণ্ডলীক ক্ষমতা প্ৰদান কৰিল
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%81%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A7%8B%E0%A6%97-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A6%A8-%E0%A6%B8%E0%A6%B9%E0%A6%A8%E0%A7%80%E0%A7%9F%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%81%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A7%8B%E0%A6%97-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A6%A8-%E0%A6%B8%E0%A6%B9%E0%A6%A8%E0%A7%80%E0%A7%9F%E0%A6%95/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ সভাই ২০২১চনৰ মাৰ্চ মাহত ভাৰতৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ‘ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰবন্ধন প্ৰাধিকৰণ’(এনডিএমএ) আৰু ‘পিপুলছ ৰিপাব্লিক অব বাংলাদেশ’ৰ ‘দুৰ্যোগ প্ৰবন্ধন আৰু সাহায্য মন্ত্ৰালয়’ৰ মাজত দুৰ্যোগ প্ৰবন্ধন, সহনীয়কৰণ আৰু প্ৰশমন ক্ষেত্ৰত সহয়োগিতা সম্পৰ্কীয় বুজাবুজিৰ চুক্তি(এমঅ’ইউ)খনলৈ অনুমোদন জনাইছে। লাভসমূহ: ভাৰত আৰু বাংলদেশে পৰস্পৰে উপকৃত হ’ব পৰাকৈ দুৰ্যোগ প্ৰবন্ধনৰ ক্ষেত্ৰত সহযোগিতাৰে কাম কৰাৰ বাবে এক পদ্ধতিগত ব্যৱস্থাপনা গঢ়ি তোলাৰ ক্ষেত্ৰত চুক্তিখনে সহায়ৰ হাত আগবঢ়াব। চুক্তিখনে দুৰ্যোগ প্ৰবন্ধনৰ প্ৰস্তুতি গ্ৰহণ, কাৰ্যকৰীকৰণ তথা সংশ্লিষ্ট ক্ষেত্ৰত সামৰ্থ্য বৰ্দ্ধনৰ দিশতো সহযোগিতা আগবঢ়াব। চুক্তিখনৰ মূল বৈশিষ্ট্যসমূহ : নিজ নিজ অঞ্চলত সংঘটিত বিস্তৃত পৰিসৰৰ দুৰ্যোগ(প্ৰাকৃতিক অথবা মানৱসৃষ্ট)ৰ সময়ত যিকোনো পক্ষই জনোৱা আহ্বানলৈ সঁহাৰি জনাই সাহায্য, কাৰ্যপন্থা গ্ৰহণ, পুনৰনিৰ্মাণ তথা উদ্ধাৰকাৰ্যত পাৰস্পাৰিক সহযোগিতা আগবঢ়োৱা। দুৰ্যোগ প্ৰবন্ধন, পুনৰুদ্ধাৰ, প্ৰশমন, সহনীয়কৰণৰ বাবে সামৰ্থ্য বৰ্দ্ধন আদিৰ বাবে আনুষংগিক তথ্য, দূৰ নিয়ন্ত্ৰিত তথ্য তথা অন্যান্য বৈজ্ঞানিক তথ্য পাতি আৰু অভিজ্ঞতা-উত্তম অনুশীলনৰ বিনিময় কৰা। দুৰ্যোগ প্ৰবন্ধন, পুনৰুদ্ধাৰ, প্ৰশমন, সহনীয়কৰণৰ বাবে প্ৰয়োজন হোৱা আধুনিক তথ্য-প্ৰযুক্তি, আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা, দূৰ-নিয়ন্ত্ৰিত তথা অনুসন্ধান সেৱা আৰু পাৰদৰ্শিতাৰ তত্কালীন তথ্যৰ আদান-প্ৰাদনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা। দুৰ্যোগ প্ৰবন্ধনৰ ক্ষেত্ৰত বিষয়াসকলৰ প্ৰশিক্ষণত সহয়োগিতা আগবঢ়োৱা। দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক ভাবে দুৰ্যোগ প্ৰবন্ধন সম্পৰ্কীয় অনুশীলন যুটীয়াভাবে অনুষ্ঠিত কৰা। দুৰ্যোগ সহনশীলকৰণ গোট সৃষ্টিৰ বাবে মানক, শেহতীয়া প্ৰযুক্তি আৰু সা-সৰঞ্জামৰ আদান-প্ৰদান কৰা। vii. পাঠ্যপুথি, বিধিনিৰ্দেশনা আদিৰ ৰূপত দুৰ্যোগ প্ৰবন্ধন সন্দৰ্ভত প্ৰকাশিত প্ৰকাশনীৰ বিনিময় কৰা আৰু দুৰ্যোগ প্ৰবন্ধন, বিপদ-সংকুলতা হ্ৰাসকৰণ আৰু পুনৰুদ্ধাৰ সন্দৰ্ভত যুটীয়া ভাবে গৱেষণাৰ ব্যৱস্থা কৰা।
দুৰ্যোগ প্ৰবন্ধন, সহনীয়কৰণ আৰু প্ৰশমন ক্ষেত্ৰত সহযোগিতা সম্পৰ্কীয় ভাৰত আৰু বাংলাদেশৰ মাজত সম্পাদিত বুজাবুজিৰ চুক্তি(এমঅ’ইউ)লৈ কেবনেটৰ অনুমোদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%AC%E0%A6%BE%E0%A6%B8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%AC%E0%A6%BE%E0%A6%B8/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধনতেৰাছৰ পৱিত্ৰ উপলক্ষত দেশবাসীক শুভেচ্ছা জনাইছে। স্বাস্থ্য আৰু কল্যাণৰ সৈতে ধনতেৰাছৰ ঘনিষ্ঠ সম্পৰ্কৰ কথা উল্লেখ কৰি, প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ পৰম্পৰাগত ঔষধি আৰু যোগৰ দিশত বিশ্বৰ সন্মতিক মান্যতা প্ৰদান কৰি এই ক্ষেত্ৰত কাম কৰি থকা লোকসকলৰ প্ৰশংসা কৰে। তেওঁ বিশ্বজনীন আয়ুষ সন্মিলনত দিয়া নিজৰ শেহতীয়া ভাষণো শ্বেয়াৰ কৰিছে। নিজৰ টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে; "ধনতেৰাছৰ পৱিত্ৰ উপলক্ষত শুভেচ্ছা। আমাৰ দেশবাসীয়ে প্ৰচুৰ মাত্ৰাত ভাল স্বাস্থ্য আৰু সমৃদ্ধিৰ আশীৰ্বাদ লাভ কৰক। এয়ে কামনা যে আমাৰ সমাজত সমৃদ্ধি সৃষ্টিৰ ভাবনা নিৰন্তৰ অব্যাহত থাকক।" "ধনতেৰাছৰ স্বাস্থ্য আৰু কল্যাণৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক আছে। চলিত বছৰবিলাকত, ভাৰতৰ পৰম্পৰাগত ঔষধি আৰু যোগে বিশ্বজনীন মনোযোগ নিজৰ ফালে আকৰ্ষিত কৰিছে। মই এই ক্ষেত্ৰসমূহত কৰ্মৰত লোকসকলৰ প্ৰশংসা কৰিছো। অলপতে বিশ্বজনীন আয়ুষ শিখৰ সন্মিলনত দিয়া নিজৰ সম্বোধন শ্বেয়াৰ কৰিছো।"
প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ধনতেৰাছৰ শুভেচ্ছা জনায
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%9F%E0%A7%81%E0%A6%A1%E0%A7%87-%E0%A6%95%E0%A6%A8%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A7%87%E0%A6%AD%E0%A6%A4-%E0%A6%AA%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%9F%E0%A7%81%E0%A6%A1%E0%A7%87-%E0%A6%95%E0%A6%A8%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A7%87%E0%A6%AD%E0%A6%A4-%E0%A6%AA%E0%A7%8D/
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ইণ্ডিয়া টুডে কনক্লেভত ভাষণ আগবঢ়ায়৷ প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযানৰ ক্ষেত্ৰত সজাগতা সৃষ্টিত ‘ইণ্ডিয়া টুডে গ্রুপে’ গ্ৰহণ কৰা প্ৰয়াসৰ প্ৰশংসা কৰে৷ প্ৰধানমন্ত্রী হিচাপে তেওঁৰ কাৰ্যকালৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ সামান্য অভিজ্ঞতাই অভিশাপৰ পৰিৱর্তে আশীর্বাদ হৈ পৰিছে৷ দেশৰ বৈদেশিক নীতি প্ৰসংগত হোৱা আশংকাৰ সন্দৰ্ভত প্ৰধানমন্ত্রীয়ে কয় যে বিগত কেইটামান দিনৰ ঘটনাৱলীয়ে এই নীতিক লৈ যি সন্দেহ আছে, সেয়া নাইকিয়া কৰাত সহায় কৰিব৷ প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে বৰ্তমানৰ ভাৰত এক নতুন ভাৰত তথা এখন পৃথক ভাৰত। তেওঁ কয় যে প্ৰতিগৰাকী সেনাৰ জীৱন অমূল্য আৰু আজি ভাৰতৰ সৈতে কোনেও বেমেজালি সৃষ্টি কৰাৰ সাহস দেখুৱাব নোৱাৰে। ৰাষ্ট্ৰীয় স্বার্থত যি কোনো সিদ্ধান্ত গ্ৰহণত তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ প্ৰধানমন্ত্রীয়ে কয় যে দেশৰ ভিতৰে-বাহিৰে একাংশ অশুভ শক্তি আছে, যিসকলে দেশৰ বিৰুদ্ধে তথা ভাৰতৰ এই একতা দেখি ভয় খাইছে৷ তেওঁ কয় যে এই ভীতিগ্ৰস্ততা এফালৰ পৰা দেশৰ পক্ষে ভাল। ভাৰতৰ শৌর্য দেখি শত্রুসকল ভীতিগ্ৰস্ত হয়, দুর্নীতিগ্ৰস্ত ব্যক্তিসকল আইনৰ ওচৰত ভীতিগ্ৰস্ত, কিছু ক্ষেত্ৰত এই ভীতিগ্ৰস্ততা মংগলজনক। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে নতুন ভাৰতে এই সক্ষমতা আৰু সম্পদক লৈ আগুৱাই গৈছে৷ চৰকাৰ আৰু সামৰিক বাহিনীসমূহৰ সদিচ্ছাক লৈ যিসকলে সন্দেহ প্ৰকাশ কৰে, তেওঁলোকৰ উদাৰতাকলৈ প্ৰশ্ন উত্থাপন কৰে প্ৰধানমন্ত্রীয়ে৷ তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ বিৰোধিতা কৰিবলৈ গৈ প্ৰকৃততে তেওঁলোকে দেশৰ বিৰোধিতা কৰিছে। ফলস্বৰূপে, এই বিৰোধিতাই দেশৰ ক্ষতি কৰিছে। তেওঁ কয় যে ভাৰতীয় সামৰিক বাহিনীক যিসকলে সন্দেহ প্ৰকাশ কৰে, তেওঁলোকে দেশত সন্ত্রাসবাদক উদ্গনি যোগোৱাসকলকহে বিশ্বাস কৰে। তেওঁ স্পষ্টকৈ কয় যে ভাৰতে বৰ্তমান ৰাফেল যুদ্ধ বিমানৰ অভাৱ বৰকৈ অনুভৱ কৰিছে। ইফালে, এই যুদ্ধ বিমানক লৈ বহুতে ৰাজনৈতিক খেল খেলিছে। যাৰ কেতবোৰ পদক্ষেপে ৰাষ্ট্ৰীয় নিৰাপত্তাত বিৰূপ প্ৰভাৱ পেলাইছে বুলি ক্ষুৰধাৰ সমালোচনা কৰে প্ৰধানমন্ত্রীয়ে৷ প্ৰধানমন্ত্রীয়ে কয় যে বহু বছৰ ধৰি যিসকলে দেশ শাসন কৰিছিল, তেওঁলোকে কেৱল দুটা বিষয়ৰ প্ৰতি অধিক আগ্ৰহী আছিল। সেয়া হৈছে-সহায় আৰু চুক্তি। ইয়াৰ ফলত দেশৰ জোৱান আৰু কৃষকসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল৷ প্ৰতিৰক্ষা খণ্ডও ক্ষতিগ্ৰস্ত হৈছিল, যিহেতু সেই সময়ত আঙুলিৰ মুৰত গণিব পৰা কেইখনমান চুক্তি স্বাক্ষৰ কৰা হৈছিল৷ কৃষি খণ্ড ক্ষতিগ্ৰস্ত হোৱাৰ কাৰণ হ’ল চুক্তিৰ ক্ষেত্ৰত সঠিক কোনো দৃষ্টিভংগী নাছিল। ৰাজনৈতিক স্বার্থসিদ্ধিৰ বাবে সহায়-দান কৰা হৈছে, যাতে দৰিদ্ৰসকল দৰিদ্ৰ হৈয়ে থাকি যায় আৰু তেওঁলোকৰ বাবে দয়াৰ পাত্ৰ্ হৈ থাকে। কৃষি ঋণ ৰেহাই এই ক্ষেত্ৰত আটাইতকৈ উজ্জ্বল দৃষ্টান্ত৷ তেওঁৰ চৰকাৰে আৰম্ভ কৰা ‘প্ৰধানমন্ত্রী কিষাণ সন্মান নিধি’ৰ উদ্দেশ্য হ’ল কৃষকসকলক সবলীকৰণ কৰা। এই আঁচনি ঘোষণাৰ ২৪ দিন হোৱা বুলি কয় প্ৰধানমন্ত্ৰীয়ে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ চৰকাৰৰ ৫৫ মাহতে বাকীসকলৰ ৫৫ বছৰ শাসনৰ দুই পৃথক প্ৰয়াসৰ প্ৰতিফলন ঘটিছে৷ তেওঁ কয়, ‘তেওঁলোকৰ প্ৰয়াস আছিল প্ৰতীকি আৰু আমাৰ প্ৰয়াস সামগ্রিক’৷ প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে সেনা জোৱানৰ বাবে ‘এক পদ এক পেন্সন’; ‘দুখীয়া লোকসকলৰ বিত্তীয় অন্তর্ভুক্তিকৰণ’; স্বচ্ছ ৰন্ধন গেছ সংযোগ প্ৰদান কৰা ‘উজ্জ্বলা যোজনা’; ‘সকলোৰে বাবে বিদ্যুৎ’ আৰু ‘সকলোৰে বাবে আবাস’ আঁচনিৰ কথা উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে বিৰোধীক উদ্দেশ্যি ভাৰত কিয় এতিয়াও মুকলি স্থানত শৌচ কৰাৰ পৰা মুক্ত হৈ উঠা নাছিল! কেইবা দশকৰ পাৰ হৈ যোৱা পাছতো কিয় যুদ্ধ স্মাৰক বা আৰক্ষী স্মাৰক নিৰ্মাণ কৰা নাছিল বুলি প্ৰশ্ন উত্থাপন কৰে! প্ৰধানমন্ত্রীয়ে কয় যে ভাৰত আজি দ্রুতগতিত দৰিদ্ৰতা দূৰীকৰণৰ ক্ষেত্ৰত আগুৱাই গৈছে। ভাৰত এতিয়া দ্রুত বিকাশশীল বৃহৎ অর্থনীতিৰ দেশত পৰিণত হৈছে। আন্তঃগাঁথনিৰ ক্ষেত্রত দ্রুত অগ্ৰগতিৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁৰ চৰকাৰ কৰ্মৰ লগতে আইনৰ যুটীয়া প্ৰচেষ্টাত আগুৱাই যোৱাত বিশ্বাসী৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪-১৯ত সকলোৰে মৌলিক চাহিদাসমূহ পূৰণ কৰা হৈছে। সেয়েহে, ২০১৯ৰ পাছৰ বছৰসমূহতো প্ৰত্যাশা পূৰণ আৰু উন্নতিৰ উচ্চ শিখৰত উপনীত হোৱাৰ সময় আহি পৰিছে৷
ইণ্ডিয়া টুডে কনক্লেভত প্ৰধানমন্ত্ৰীৰ ভাষণ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%A6%E0%A7%87%E0%A7%B1-%E0%A7%B0%E0%A6%AC%E0%A7%80%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%A8%E0%A6%BE%E0%A6%A5-%E0%A6%A0%E0%A6%BE%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%A6%E0%A7%87%E0%A7%B1-%E0%A7%B0%E0%A6%AC%E0%A7%80%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%A8%E0%A6%BE%E0%A6%A5-%E0%A6%A0%E0%A6%BE%E0%A6%95/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুদেৱ ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্মজয়ন্তীত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়: "গুৰুদেৱ ৰবি ঠাকুৰৰ জন্ম জয়ন্তীত মই তেওঁলৈ প্ৰণাম জনাইছো। তেওঁৰ চিন্তা আৰু কামৰ দ্বাৰা তেওঁ লাখ লাখ লোকক অনুপ্ৰাণিত কৰি আহিছে। তেওঁ আমাক আমাৰ ৰাষ্ট্ৰ, সংস্কৃতি আৰু লোক-কাহিনীৰ বাবে গৌৰৱান্বিত হ'বলৈ শিকাইছিল। তেওঁ শিক্ষা, আৰু সামাজিক সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আমি তেওঁৰ ভাৰতৰ প্ৰতি থকা দৃষ্টিভংগী পূৰণ কৰিবলৈ সংকল্পবদ্ধ। "
গুৰুদেৱ ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্ম জয়ন্তীত শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%9A%E0%A7%B0%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A6%85%E0%A6%B8%E0%A6%82%E0%A6%97%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%9A%E0%A7%B0%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A6%85%E0%A6%B8%E0%A6%82%E0%A6%97%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%BF/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত চৰকাৰ অসংগঠিত শ্ৰমিকসকলৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰী মোদীয়ে কয়, দেশৰ উন্নয়নত আমাৰ অসংগঠিত শ্ৰমিক ভাই-ভনীসকলৰ অংশগ্ৰহণ অতি গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীয়ে এটা টুইটৰ জৰিয়তে কয়; “দেশৰ উন্নয়নত আমাৰ অসংগঠিত শ্ৰমিক ভাই-ভনীসকলৰ অংশগ্ৰহণ অতি গুৰুত্বপূৰ্ণ। আমাৰ চৰকাৰে সদায় এনে কোটি কোটি শ্ৰমিকৰ জীৱন সহজ কৰি তুলিবলৈ চেষ্টা কৰি আহিছে। যদিও এই আঁচনিবোৰে তেওঁলোকৰ সামাজিক সুৰক্ষা নিশ্চিত কৰিছে, মহামাৰীৰ সময়তো তেওঁলোকক সহায় কৰিবলৈ আৰু বহুতো পদক্ষেপ লোৱা হৈছিল। ”
ভাৰত চৰকাৰ অসংগঠিত শ্ৰমিকসকলৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ: প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%95%E0%A6%BE%E0%A6%A8%E0%A6%BE%E0%A6%A1%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%9C/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%95%E0%A6%BE%E0%A6%A8%E0%A6%BE%E0%A6%A1%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%9C/
প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু কানাডাৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বুজাবুজিৰ চূক্তি স্বাক্ষৰৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। এই চূক্তিয়ে ভাৰত আৰু কানাডাৰ শিক্ষানুষ্ঠানৰ মাজত বৈজ্ঞানিক সহযোগিতা তথা গৱেষণা আৰু উন্নয়নমূলক কামত সহায় কৰিব। নিৰৱ বৈশিষ্ট্যঃ ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ আৰু কানাডাৰ প্ৰাকৃতিক বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদৰ মাজত এই চূক্তি স্বাক্ষৰিত হ’ব। এই চূক্তিৰ অধীনত ভাৰত আৰু কানাডাৰ মাজত উদ্ভাৱনী দিশত বহু বিভাগীয় অংশীদাৰিত্ব গঢ় লৈ উঠিব। গৱেষণা আৰু উন্নয়নমূলক প্ৰকল্পসমূহৰদ্বাৰা বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে সামাজিক পৰিৱৰ্তন সম্ভৱ হ’ব। অংশগ্ৰহণকাৰীসকলৰ ভিতৰত ভাৰত আৰু কানাডাৰ বৈজ্ঞানিক প্ৰতিষ্ঠান, গৱেষণা আৰু উন্নয়নমূলক প্ৰতিষ্ঠান তথা শিক্ষানুষ্ঠানসমূহৰ গৱেষণাকাৰী সকল থাকিব। সুৰক্ষিত আৰু বহনক্ষম আন্তঃগাঁথনি তথা সংহত জলসম্পদ পৰিচালনাত মনোযোগ দিয়া হ’ব। এই চূক্তিয়ে ভাৰত আৰু কানাডাৰ আনুষ্ঠানিক যোগাযোগ ৰক্ষাত সহায় কৰাৰ লগতে বৈজ্ঞানিক প্ৰতিষ্ঠান, বৈজ্ঞানিক তথা বিশেষজ্ঞসকলৰ মাজত সহযোগিতা গঢ়ি তোলাত সহায় কৰিব। পটভূমিঃ ২০০৫ চনত ভাৰত আৰু কানাডাৰ মাজত স্বাক্ষৰিত হোৱা বিজ্ঞান আৰু প্ৰযুক্তি বিষয়ৰ বুজাবুজিৰ চূক্তিৰ আধাৰত এই চূক্তি কৰা হৈছে।
ভাৰত আৰু কানাডাৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বুজাবুজিৰ চূক্তি স্বাক্ষৰৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AB%E0%A6%BF%E0%A6%B2%E0%A6%BF%E0%A6%AA%E0%A6%BE%E0%A6%87%E0%A6%9B%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%A6%E0%A6%BE%E0%A7%9F%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AB%E0%A6%BF%E0%A6%B2%E0%A6%BF%E0%A6%AA%E0%A6%BE%E0%A6%87%E0%A6%9B%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%A6%E0%A6%BE%E0%A7%9F%E0%A7%B0/
প্ৰথমে উপস্থিত সকলোকে শুভেচ্ছা জনাইছো, আপোনালোকক দেখা নকৰাকৈ উভতি গ’লে মোৰ ভ্ৰমণ অসম্পূর্ণ থাকিলহেতেন। কিমান দূৰ-দূৰণিৰ পৰা আপোনালোকে সময় উলিয়াই ইয়ালৈ আহিছে। আজি কাম থকা সত্ত্বেও আপোনালোক ইয়ালৈ আহিছে। ভাৰতৰ প্রতি আপোনালোকৰ ভাল পোৱা আৰু আন্তৰিকতা থকাৰ বাবেই আজি সকলো ইয়াত সমবেত হৈছে। মই সৰ্বপ্ৰথমে আপোনালোকক বিশেষভাবে ধন্যবাদ জনাইছো। মই ভাৰতৰ বাহিৰলৈ য’লৈক যাওঁ, তাত থকা প্রবাসী ভাৰতীয়সকলৰ সৈতে দেখা কৰাৰ চেষ্টা কৰো। কিন্তু আজি আপোনালোকে যি নিয়মানুৱর্তিতা দেখুৱাইছে, তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো। এইবাবেই বৃহৎ শক্তিশালী দেশৰ পৰা ইমান দূৰৈত আহি এই বিপুল সংখ্যক ভাৰতীয়ক একেটা স্থানত দেখিবলৈ পাই মই অতিশয় আনন্দিত, তাৰবাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো। মই প্রথমবাৰলৈ ফিলিপাইনছ ভ্ৰমণৰ বাবে আহিছো। এই ভ্ৰমণ ভাৰত আৰু ফিলিপাইনছৰ সম্পর্কৰ বাবে অতি গুৰুত্বপূর্ণ। আপোনালোকে যিদিনাই মোক প্রধানমন্ত্রীৰ দায়িত্ব অর্পণ কৰিছিল, সেই দিনাৰ পৰাই মই ‘এক্ট ইষ্ট পলিচি’ গ্রহণ কৰিছো। কাৰণ ভাৰতৰ পূর্ব প্রান্তৰ এই দেশসমূহৰ সৈতে আমি যথেষ্ট আত্মীয়তা আৰু ঘনিষ্ঠতা অনুভৱ কৰো। কিবা নহয় কিবা কাৰণত আমাৰ মাজত এটি পৰম্পৰাগত আবেগৰ সম্পর্ক আছে। পূব এছিয়াৰ এনে কোনো দেশ নাই, যিসকলে ৰামায়ণ সন্দৰ্ভত নাজানে, বা ৰামক নাজানে। এনে কোনো দেশ নাই, যিসকলে বুদ্ধদেৱক শ্রদ্ধা নকৰে। ভাৰতৰ সৈতে পূব এছিয়াৰ দেশসমূহৰ এই পৰম্পৰাগত মিল যুগ যুগ ধৰি আমাৰ আত্মিক সম্পর্কক মজবুত কৰি ৰাখিছে। এই ঐতিহ্যক যথাযথভাবে সংৰক্ষণ কৰা আৰু ভৱিষ্যৎ প্রজন্মলৈ সঞ্চাৰিত কৰাৰ দায়িত্ব বহন কৰিছে প্রবাসী ভাৰতীয়সকলে। এই ক্ষেত্রত ভাৰতীয় দূতাবাসে যিমান কাম কৰিব পাৰে, তাতকৈ প্রবাসী ভাৰতীয়সকলে বহুত কৰিবলৈ সক্ষম। মই এতিয়া অনুভৱ কৰো যে সমগ্ৰ পৃথিৱীতে আজি প্রত্যেক ভাৰতীয়ই গর্বৰে আনৰ চকুত চকু ৰাখি কথা ক’ব পাৰিছে। ই যি কোনো দেশৰ নাগৰিকৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়। সমগ্ৰ পৃথিৱীতে সিঁচৰিত হৈ থকা ভাৰতীয়সকলে কেইবা শতিকা ধৰি বিভিন্ন বৃত্তিৰ সৈতে জড়িত হৈ আছে। ভাৰতীয়সকলৰ আন এটি বৈশিষ্ট্য হৈছে–আমি য’লৈকে যাও, সেই অঞ্চলকে আপোন কৰি লওঁ। এইটো সৰু কথা নহয়। সকলোৱে আনক আপোন কৰি ল’ব নোৱাৰে। নিজৰ মাজত দৃঢ় আত্মবিশ্বাস থাকিলেহে আনক আপোন কৰি ল’ব পৰা যায়। যিসকলে কেইবা প্রজন্ম ধৰি বেলেগ দেশত বসবাস কৰিছে, পৰিৱেশ আৰু পৰিস্থিতিৰ কাৰণে নতুন প্রজন্মই মাতৃভাষাত কথা কোৱাটো পাহৰি গৈছে, তথাপিতো ভাৰতৰ কিবা বেয়া দেখিলেই আপোনালোকেও বিনিদ্র ৰজনী কটায়, আকৌ ভাৰতৰ কিবা ভাল দেখিলে আপোনালোকেও গৌৰৱ বোধ কৰে। সেইবাবে ভাৰতৰ বর্তমান চৰকাৰে নিৰন্তৰ প্রচেষ্টাৰ মাধ্যমত দেশৰ উন্নয়নক ইমান উচ্চতাত উপনীত কৰিব বিচাৰিছে, যাতে আমি সকলো ক্ষেত্রত বিশ্বমানৰ হৈ উঠিব পাৰো। আনৰ সমকক্ষ হৈ উঠাৰ প্রক্রিয়া অতি সংকটপূৰ্ণ। কিন্তু এবাৰ সেই সকলো বাধা অতিক্রম কৰি আকাংক্ষিত উচ্চতাত উপনীত হ’ব পাৰিলে সমানে সমানে খেলাৰ সূযোগ পোৱা যায়। আৰু ভাৰতীয়সকলৰ হৃদয়, মস্তিষ্ক আৰু বাহুত সেই সামর্থ্য আছে যে এবাৰ সমানে সমানে খেলিব পাৰিলে তেওঁলোকৰ গতি আৰু কোনেও ধৰি ৰাখিব নোৱাৰে। সেইবাবে বিগত চাৰে তিনি বছৰ ধৰি বর্তমানৰ চৰকাৰে দেশৰ ১২৫ কোটি জনতাৰ শক্তি, সামর্থ্য প্রাকৃতিক উপাদানসমূহ আৰু সাংস্কৃতিক ঐতিহ্যক নিৰন্তৰ উজ্জীৱিত কৰি নতুন ভাৰত গঢ়াৰ প্রচেষ্টা অব্যাহত ৰাখিছে। ১০০ বছৰ আগতেই হওঁক, ৫০০ বছৰ আগতেই হওঁক, ১,০০০ বছৰ আগতেই হওঁক, ৫,০০০ বছৰ আগতেই হওঁক এই ক্ষেত্ৰত ভাৰত কেতিয়াও পিছপৰি থকা নাছিল আৰু ইতিহাসৰ প্রতিটো ঘটনাই সাক্ষী যে আমাৰ দেশবাসীয়ে কেতিয়াও কাৰো অনিষ্ট কৰা নাই। মই যেতিয়া বিশ্বৰ বিভিন্ন দেশত গৈ সেই দেশৰ নেতৃবৃন্দক কওঁ যে ভাৰতীয়সকলে কেতিয়াও সাম্রাজ্যবাদী মনোভাবক লৈ কোনো দেশ আক্রমণ কৰা নাই। অথচ, প্রথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধত দেৰ লক্ষাধিক ভাৰতীয় সৈনিকে বিশ্ব শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে শ্বহীদ হৈছিল। তেওঁলোকে আন কোনো দেশত আমাৰ জাতীয় পতাকা স্থাপন কৰিবলৈ যোৱা নাই। আজিলৈকে ৰাষ্ট্রসংঘৰ শান্তি সেনাত সর্বাধিক শৌর্যৰ সৈতে যি দেশৰ সৈনিক আটাইতকৈ বেছিকৈ ভাগ লৈছে, তাৰ নামেই হৈছে ভাৰত। সেইবাবে বিশ্বৰ যি কোনো স্থানত বসবাস কৰা ভাৰতীয়ই এই লৈ গৌৰৱ কৰিব পাৰে। পৃথিৱীৰ যি কোনো প্রান্তত চৰম অশান্তি আৰু ৰাষ্ট্র বিপ্লৱত শান্তি সেনাৰ ভূমিকাত সর্বাধিক বিশ্বস্ততাৰ সৈত সাফল্যৰ অধিকাৰী ভাৰতীয় সৈনিকক আজিও পৃথিৱীৰ বহু দেশত মোতায়েন কৰা আছে। বুদ্ধদেৱ আৰু গান্ধীৰ দেশৰ সৈনিকসকলৰ বাবে শান্তি কেৱল এটি শব্দ নহয়, আমি বিশ্বক দেখিছো, কেনেকৈ শান্তি বৰ্তাই ৰাখিব পাৰি, শান্তি আমাৰ শিৰা আৰু ধমনীত প্রবাহিত হৈ আছে। কাৰণ, আমাৰ পূর্বপূৰূষে কৈ গৈছে, ‘বসুধৈব কুটুম্বকম’ অর্থাৎ গোটেই বিশ্বই এটি পৰিয়াল-এই মন্ত্র তেওঁলোকে আমাক দি গৈছে। কিন্তু তত্ত্বজ্ঞানত যিমানেই গভীৰতা নাথাকক কিয়, যিমান উচ্চ মানৰেই নহওক কিয়, ঐতিহ্য যিমান মহান নহওক কিয়, বর্তমান সিমানেই উজ্জ্বল, তেজস্বী আৰু পৰাক্রমী হ’লেহে বিশ্ববাসীয়ে সেই সামর্থ্যকে স্বীকাৰ কৰি ল’ব। দীর্ঘদিনৰ পাছত বিশ্ববাসীয়ে ভাৰতৰ এই সামর্থ্য স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। সেইবাবে আমি আমাৰ গৌৰবময় অতীতৰ পৰা প্রেৰণা লৈ আগুৱাই গৈছো। একবিংশ শতিকাক যিহেতু এছিয়াৰ শতিকা বুলি কোৱা হৈছে, সেয়েহে আমাৰ কর্তব্য হ’ল–নিজৰ শক্তি আৰু সামর্থ্যক লৈ একবিংশ শতিকাক ভাৰতৰ শতিকা কৰি গঢ়ি তোলা। ইয়াক আমি খুব কঠিন বুলি ভবা নাই। তিনি-চাৰে তিনি বছৰৰ অভিজ্ঞতাৰ পৰা মই কওঁ যে এয়া সম্ভৱ। এই সময়ছোৱাত প্রতিদিনে কিবা নহয় কিবা ইতিবাচক সংবাদত চৰকাৰ আৰু জনতাৰ সম্পর্ক নৱীকৰণ হৈছে। এতিয়া আৰু এইকথা ভাবি ভয় হোৱা নাই, কোনো নেতিবাচক ঘটনা ঘটিলে কাৰ্যালয়ত গৈ কেনেকৈ মুখ দেখুৱাম। এতিয়া প্রতিদিনে অতি আত্মবিশ্বাসেৰে ঘৰৰ পৰা বাহিৰৰ খোজ দিও। ভাৰতৰ পৰা এতিয়া কেৱল সুখবৰেই আহিব। এতিয়া দেশত প্রতিটো সিদ্ধান্ত ৰাষ্ট্ৰীয় স্বার্থৰ কথা ভাবি, উন্নয়নৰ কথা ভাবি লোৱা হৈছে। স্বাধীনতাৰ ৭০ বছৰত পাছতো যদি দেশৰ ৩০ কোটি লোকে বেংকিং ব্যৱস্থাৰ আঁতৰত থাকে, তেতিয়াহ’লে দেশৰ অর্থনীতিয়ে কেনেকৈ ইতিবাচক ভূমিকা পালন কৰিব। সেইবাবে আমাৰ চৰকাৰে দায়িত্ব গ্রহণ কৰিয়েই প্রধানমন্ত্রী জন ধন যোজনাৰ শুভাৰম্ভ কৰিলো। ইয়াৰ জৰিয়তে দৰিদ্ৰ লোকসকলে জিৰো বেলেন্সত বেংক একাউণ্ট খুলিবলৈ সক্ষম হৈছে। এই অসংখ্য একাউণ্ট খুলিবলৈ বেংক কর্মচাৰীসকলে বহু কষ্ট কৰিলে। মেনিলাত বেংকসমূহ কেনেকৈ চলে সেই সম্পর্কে আপোনালোকে সকলোৱে জানে। চৰকাৰৰ সিদ্ধান্ত সন্দৰ্ভত গম পাই ভাৰতীয় বেংকসমূহে আমাৰ ওচৰত আবেদন কৰিছিল, যাতে ষ্টেচনাৰী সামগ্ৰীৰ বাবদ ন্যূনতম ধন সংগ্রহ কৰিবলৈ দিয়া হয়। কিন্তু মই ক’লো যে এই প্রক্রিয়া দেশৰ দৰিদ্ৰ লোকসকলৰ অধিকাৰ প্রদানৰ প্রক্রিয়া। তেওঁলোকে যাতে স-সম্মানে এক টকাও জমা নকৰাকৈ একাউণ্ট খুলিব পাৰে, তাৰ ব্যৱস্থা আপোনালোকে কৰিবই লাগিব। ইমানদিন দৰিদ্ৰ লোকসকলে বেংকৰ সন্মুখত দুজন বন্দুকধাৰীক থিয় হৈ থকা দেখি ভয়তে তাত ভৰি দিয়া নাছিল। তেওঁলোৰে ভাবিছিল যে সেই শীত-তাপ নিয়ন্ত্রিত বেংকসমূহ আমাৰ বাবে নহয়। তেওঁলোকে সুদখোৰ মহাজনসকলৰ কাষত হাত পাতে আৰু সেই সুদখোৰ মহাজনসকলে তেওঁলোকক কেনে ব্যৱহাৰ কৰিছিল, সেয়া আপোনালোকে ভালকৈয়ে জানে! আমি ৩০ কোটি দৰিদ্র লোকৰ জিৰো বেলেন্সত একাউণ্ট খোলাৰ অধিকাৰ দিলো। কিন্তু আপোনালোকে শুনিলে আচৰিত হ’ব যে আপোনালোকে বহু ধনী লোক দেখিছে, ধনীসকলৰ অন্তৰৰ দাৰিদ্র্যতা দেখিছে, কিন্তু মই এই প্রকল্পৰ অভিজ্ঞতাৰে দুখীয়া লোকসকলৰ মনৰ ঐশ্বর্য দেখিছো। আজি মই অতি গৌৰৱেৰে ক’ব পাৰো আমাৰ দেশৰ দৰিদ্ৰ লোকসকল মানসিকভাৱে যথেষ্ট ধনী। আগতে মা-ভনীসকলে তেওঁলোকৰ স্বামী বা পিতৃয়ে আৰ্জিত ধন খৰচ কৰে বুলি ঘেঁহু বস্তাৰ তলৰ অথবা ঢাৰিপাটিৰ তলত লুকুৱাই ৰাখি থৈছিল। এতিয়া সুযোগ পাই তেওঁলোকে নতুনকৈ খোলা বেংক একাউণ্টত সেই ধন সঞ্চয় কৰাৰ ফলত সৰ্বমুঠ ৬৭হাজাৰ কোটি টকা জন ধন একাউণ্টত জমা কৰিছে। ইয়াৰ জৰিয়তে স্বাধীনতাৰ পাছত প্রথমবাৰলৈ দেশৰ অর্থ ব্যৱস্থাৰ মূলসূঁতিৰ সৈতে দেশৰ দৰিদ্ৰ লোকসকলো সক্রিয়ভাৱে জড়িত হৈ পৰিল। এয়া কোনো সৰু পৰিৱর্তন নহয়, যিজন লোক আগতে এই ব্যৱস্থা বাহিৰত আছিল, যাৰ কোনো শক্তি আৰু সামৰ্থ্য নাছিল, আজি সেই একেজন লোকেই এই ব্যৱস্থাৰ কেন্দ্ৰবিন্দু হৈ পৰিল। এনেধৰণ বহু পদক্ষেপ আমি লৈছো, যিবোৰৰ সন্দৰ্ভত কেতিয়াও আলোচনাই হোৱা নাছিল বা এই সন্দৰ্ভত কোনেও কল্পনাও কৰা নাছিল। বহুতে ভাবিছিল দেশ আগতে যেনেকৈ চলিছিল, তেনেকৈয়ে চলি থাকিব। যদি ছিংগাপুৰ, ফিলিপাইনছ আৰু মেনিলা পৰিষ্কাৰ চহৰ হ’ব পাৰে, তেতিয়াহ’লে ভাৰত কিয় পৰিষ্কাৰ দেশ হ’ব নোৱাৰে? দেশত এনে নাগৰিক কোনোবা আছেনে, যি পৰিষ্কাৰকৈ থকাতো পছন্দ নকৰে অথবা অপৰিষ্কাৰক পছন্দ কৰে। কিন্তু পদক্ষেপ ল’ব লাগিব, দায়িত্ব ল’ব লাগিব, সফলতা-বিফলতাৰ কথা নাভাবি আৰম্ভ কৰিব লাগিব। মহাত্মা গান্ধীয়ে যি অৱস্থাত এৰি গৈছিল, আমি চৰকাৰে দায়িত্ব লৈ সেই দিশত কাম আৰম্ভ কৰিছো। মই অতি গৌৰৱেৰে কওঁ যে ইতিমধ্যে ভাৰতত ২.২৫ লাখতকৈ অধিক গাঁও মুকলি ঠাইত মলত্যাগ মুক্ত হিচাপে ঘোষিত হৈছে। ইয়েই ইমানবোৰ গাঁৱৰ সাধাৰণ লোকসকলৰ জীৱনলৈ অহা পৰিৱৰ্তনকে সূচাইছে। আপোনালোকৰ ভিতৰত যিসকলে ২০-২৫-৩০ বছৰ আগতে ভাৰতৰ পৰা এই দেশলৈ আহিলে, তেওঁলোকৰ সৈতে যদি আজিও ভাৰতৰ সম্পর্ক আছে, তেতিয়াহ’লে তেওঁলোকে এই পৰিৱর্তন অনুভব কৰিব পাৰে। আপোনালোকে দেশ এৰি অহাৰ আগতে দেখিছিল যে দেশত ৰন্ধন গেছৰ চিলিণ্ডাৰ অথবা গেছ সংযোগ পাবলৈ কিমান কাঠ খৰি পুৰিব লগা হৈছিল। কাৰোবাৰ ঘৰত ৰন্ধন গেছ সংযোগ ল’লে প্রতিবেশীসকলে এনেকৈ ভাবিছিল যেন তেওঁলোকে মাৰ্চিডিজ গাড়ী আনিছে। আমাৰ দেশৰ প্রত্যেকগৰাকী সাংসদে ২৫টাকৈ কুপন লাভ কৰিছিল, তাৰ জৰিয়তে তেওঁলোকে নিজৰ সমষ্টিত ২৫টা পৰিয়ালক সন্তুষ্ট কৰিব পাৰিছিল। কিন্তু তেওঁলোকৰ বহুতে এই ৰন্ধন গেছ সংযোগ প্রদানৰ ক্ষেত্রত কেনেধৰণৰ দুর্নীতিৰ আশ্রয় লৈছিল, তাক আপোনালোকে বাতৰিকাকতত পঢ়িছিল। ২০১৪ চনৰ লোকসভা নির্বাচনৰ আগতে এফালে বিজেপি আৰু আনফালে শাসকীয় দল কংগ্রেছ আছিল। সেই নির্বাচনী প্রচাৰত নেতৃত্ব দিয়াৰ বাবে ভাৰতীয় জনতা পার্টিয়ে মোক দায়িত্ব দিছিল। তেতিয়া শাসকদলৰ এখন সভা হৈছিল, যি সভাত দেশবাসীয়ে প্রতীক্ষা কৰিছিল, কাৰ নেতৃত্বত শাসকদলে সেই নির্বাচন খেলিব তাক জনাৰ বাবে। সেই সভাত শাসকদলৰ ডাঙৰ ডাঙৰ নেতাসকলে বক্তব্য আগবঢ়োৱাৰ পাছত সাংবাদিক সন্মিলনত তেওঁলোকে জনায় যে তেওঁলোক যদি নির্বাচনত জয়ী হয়, তেতিয়াহ’লে এতিয়া এটা পৰিয়ালে এবছৰত ৯টাকৈ গেছ চিলিণ্ডাৰ দিয়া হয়, তাৰ সলনি ১২টাকৈ চিলিণ্ডাৰ দিব। এই ঘোষণা শুনি দেশবাসীয়ে আনন্দত হাত চাপৰি দিছিল। এবাৰ লালকিল্লাৰ পৰা মই ভাৰতবাসীক অনুৰোধ কৰিলো যে যদি আপোনালোকে পাৰে, তেন্তে গেছৰ বাবদ বছৰি যি ৮০০, ১০০০ বা ১২০০ টকা ৰাজসাহায্য পায় তাক এৰি দিয়ক। মই জানিব পৰা মতে ১.২৫ কোটি পৰিয়ালে তেওঁলোকৰ ৰাজসাহায্য কৰ্তন কৰিলে। নির্বাচনৰ পাছত দায়িত্ব গ্রহণ কৰি আমি ঠিক কৰিলো যে দেশৰ দুখীয়া পৰিয়ালসমূহ বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ দিয়া হওঁক। তেতিয়া দেশৰ মুঠ ২৫ কোটি পৰিয়ালৰ ভিতৰত ৫ কোটি পৰিয়াল দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰিছিল। আমি সেই অভিযান আৰম্ভ কৰিলো আৰু ইতিমধ্যে ৩ কোটি পৰিয়ালৰ ৰান্ধনিশালত বিনামূলীয়া ৰন্ধন গেছ প্ৰদান কৰিবলৈ সক্ষম হৈছো। আগতে ৰন্ধন গেছৰ ৰাজসাহাৰ্যক লৈ যথেষ্ট কথা-বাৰ্তা চলিছিল। আমি এই ৰাজসাহায্য প্রাপকৰ আধাৰ কার্ড আৰু বেংক একাউণ্টৰ সৈতে লিংক কৰি দিলো। বায়ো-মেট্রিক চিনাক্তকৰণ পদ্ধতিৰে এক্ষেত্ৰতো অনেক ৰাজসাহায্য প্রাপক ভিতৰত বহুত দুর্নীতি ধৰা পৰিল। ফলস্বৰূপে, দেশৰ ৰাজকোষত ৫৭ হাজাৰ কোটি টকা জমা হ’ল। তাৰমানে প্রতি বছৰে এই ৫৭ হাজাৰ কোটি টকা বেলেগৰ পকেটলৈ গৈছিল, সেই কথা আপোনালোকে অনুমান কৰিছেনে। তেওঁলোকে কি মোদীক পছন্দ কৰিব? আপোনালোকেই কওঁকছোন আমি কি তেওঁলোকলৈ ভয় কৰি চলিম? বর্তমান চৰকাৰৰ কঠোৰ সিদ্ধান্তৰ জৰিয়তে আমি দুর্নীতিৰ বিৰুদ্ধে এনেকৈ সফল হৈছো। ইয়াত উপৱিষ্ট বিপুল সংখ্যক লোকে মোক যেনেকৈ আশীর্বাদ প্রদান কৰিছে, মই আপোনালোকক আশ্বাস দিব বিচাৰো যে যি উদ্দেশ্যত দেশে আমাৰ দৰে এজন সাধাৰণ লোকক নেতৃত্বৰ সুযোগ দিছে, মই সেই উদ্দেশ্য পূৰণত কেতিয়াও থমকি নৰওঁ। ২০১৪ চনৰ আগতে বাতৰিকাকতত কি পঢ়িবলৈ পাইছিল? কয়লাখনিৰ দুর্নীতিত কিমান হাজাৰ কোটি টকা, ২জি দুর্নীতিত কিমান হাজাৰ কোটি টকা দেশৰ ৰাজকোষৰ পৰা খৰচ হৈছে! ২০১৪ চনৰ পাছত মোদীক কাঠগৰা থিয় কৰাই যদি সোধা হয়, কিমান টকা সঞ্চয় কৰিব পাৰিছে? ৰাজকোষলৈ কিমান টকা আমদানি হৈছে? পৰিৱর্তনক লক্ষ্য কৰক, সেইসময়ত দেশৰ চিন্তা আছিল যে কিমান টকা অপচয় হৈছে, আৰু আজি মোক জবাবদিহি কৰে যে কিমান টকা আমদানি কৰিব পাৰিছো! বন্ধুসকল, আমাৰ দেশত একো সামগ্ৰীৰে অভাৱ নাই, আগুৱাই যোৱাৰ বাবে আমাৰ সকলো সম্ভাৱনা আ সক্ষমতা আছে। সেই সকলো সম্ভাৱনা আৰু সক্ষমতাক গুৰুত্বপূর্ণ নীতিলৈ পৰিৱর্তিত কৰি আমি আগুৱাই গৈছো। ইয়াৰ ফলত দেশৰ উন্নয়নে আজি নতুন শিখৰত অতিক্রম কৰিবলৈ সক্ষম হৈছো। সকলো ক্ষেত্রতে দেশৰ সাধাৰণ লোকসকলৰ অংশীদাৰিত্ব বৃদ্ধি পাইছে। এইদৰে দেশৰ সাধাৰণ লোকসকলক লৈ আগুৱাই যোৱাৰ ফলত ইয়াৰ পৰিণাম ইমানেই ভাল হৈছে আৰু ইয়াতকৈ ভাল হোৱাৰ সম্ভাৱনা আছে যে আপোনালোকে দীর্ঘদিন ইয়াত থাকিবলৈ নিবিচাৰিব, বৰঞ্চ স্বদেশলৈ উভতি যাব বিচাৰিব। মই অতিশয় আনন্দিত যে আজিৰ এই সভাত ইমান বিপুল হাৰত উপস্থিত হৈ মোক আশীর্বাদ কৰিছে। বহুত বহুত ধন্যবাদ।
ফিলিপাইছত ভাৰতীয় সমূদায়ৰ অভ্যৰ্থনা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A6%A4%E0%A6%A4%E0%A7%8D%E0%A6%AC%E0%A6%AC%E0%A6%BF%E0%A6%A6-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%B8%E0%A6%BE%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A7%83%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A6%A4%E0%A6%A4%E0%A7%8D%E0%A6%AC%E0%A6%AC%E0%A6%BF%E0%A6%A6-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%B8%E0%A6%BE%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A7%83%E0%A6%A4/
ইটালীৰ বিশ্ববিদ্যালয়সমূহৰ পৰা সমবেত হোৱা ভাৰততত্ববিদ আৰু সাংস্কৃতিক বিশেষজ্ঞসকলক সাক্ষাত্ কৰাৰ লগতে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতীয় সংস্কৃতি, সাহিত্য তথা যোগ আৰু আয়ুৰ্বেদৰ অনুশীলনৰ প্ৰতি তেওঁলোকে প্ৰদৰ্শন কৰি অহা আগ্ৰহৰ কথা বিশেষ ভাবে উল্লেখ কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ইটালীৰ মাজৰ বন্ধুত্বসুলভ সম্পৰ্ক প্ৰগাঢ় কৰাৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়াই অহা অৱদানৰ ভূয়সী প্ৰশংসা কৰে।
ভাৰততত্ববিদ আৰু সাংস্কৃতিক বিশেষজ্ঞসকলৰে মিলিত হ’ল প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%AA%E0%A6%9E%E0%A7%8D%E0%A6%9A%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A4%E0%A7%80%E0%A7%B0%E0%A6%BE%E0%A6%9C-%E0%A6%A6/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%AA%E0%A6%9E%E0%A7%8D%E0%A6%9A%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A4%E0%A7%80%E0%A7%B0%E0%A6%BE%E0%A6%9C-%E0%A6%A6/
ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জনাইছে। তেওঁ কয় যে পঞ্চায়ত ব্যৱস্থা হৈছে ভাৰতীয় গণতন্ত্ৰৰ স্তম্ভ। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘আপোনালোক সকলোকে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ অলেখ শুভকামনা যাচিছোঁ। পঞ্চায়ত ব্যৱস্থা হৈছে ভাৰতীয় গণতন্ত্ৰৰ স্তম্ভস্বৰূপ। এই পঞ্চায়ত ব্যৱস্থা শক্তিশালীকৰণতেই নতুন ভাৰতৰ সমৃদ্ধি নিহিত হৈ আছে। আত্মনিৰ্ভৰশীল ভাৰত নিৰ্মাণৰ বাবে পঞ্চায়ত ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰোঁ আহক ’
ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%8D%E0%A6%AF-%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%83%E0%A6%97%E0%A6%BE%E0%A6%81%E0%A6%A5%E0%A6%A8%E0%A6%BF%E0%A6%AE%E0%A7%81%E0%A6%B2%E0%A6%95-%E0%A6%96%E0%A6%A3/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%8D%E0%A6%AF-%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%83%E0%A6%97%E0%A6%BE%E0%A6%81%E0%A6%A5%E0%A6%A8%E0%A6%BF%E0%A6%AE%E0%A7%81%E0%A6%B2%E0%A6%95-%E0%A6%96%E0%A6%A3/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে বৃহস্পতিবাৰে প্রধানমন্ত্রী গ্রাম সড়ক যোজনা(পিএমজিএছৱাই), গৃহ, কয়লা আৰু শক্তিৰ মুখ্য আন্তঃগাঁথনিমুলক খণ্ডসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। প্রায় আঢ়ৈ ঘন্টাজোৰা পর্যালোচনা বৈঠকত প্রধানমন্ত্রীৰ দপ্তৰ, নীতি আয়োগ আৰু কেন্দ্রীয় চৰকাৰৰ আন্তঃগাঁথনিমুলক মন্ত্রালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। নীতি আয়োগৰ মুখ্য কাৰ্যাবাহী বিষয়াৰ উপস্থাপনৰ সময়ত জনায় যে কেইবাটাও গুৰুত্বপূর্ণ ক্ষেত্রত ইতিমধ্যে উল্লেখযোগ্য অগ্রগতি পৰিলক্ষিত হৈছে। প্রধানমন্ত্রী গ্রাম সড়ক যোজনাৰ অধীনত ধার্য লক্ষ্য ৮১ শতাংশ কাজ প্ৰায় সম্পূর্ণ। সংখ্যাৰ হিচাপত ১.৪৫ লাখ হাজাৰ গাওঁ এই কার্যসূচীৰে সামৰি লোৱা হৈছে। বাকী গাওঁ তথা অঞ্চলসমূহতো নির্দিষ্ট সময়সীমাৰ ভিতৰত কার্যসূচী ৰূপায়ণ কৰা হ’ব বুলি পর্যালোচনা বৈঠকত প্রধানমন্ত্রীক অৱগত কৰে সংশ্লিষ্ট বিষয়াসকলে। এই প্রসংগত প্রধানমন্ত্রীয়ে কয় যে গোটোই বছৰতে এই কামৰ বাবে প্রাপ্ত সহায়ক সম্পদক সর্বোচ্চ ৰূপত ব্যৱহাৰ কৰি যাব লাগিব। কেন্দ্রীয় বাজেট উত্থাপনৰ দিন আগুৱাই অনাৰ ফলত কাৰ্যকৰীণৰ অগ্রগতিতো বিশেষভাবে উৎসাহিত হ’ব বুলি ভাৱে প্ৰধানমন্ত্ৰীয়ে। ‘মেৰি সড়ক এপ’ সন্দৰ্ভত যিবোৰ অভিযোগ পোৱা গৈছে, সেইবোৰ ক্ষীপ্ৰতাৰে নিষ্পত্তিৰ ব্যবস্থা কৰা বুলি প্ৰধানমন্ত্ৰীক সদৰি কৰে সংশ্লিষ্ট বিষয়াসকলে। এই সকলো অভিযোগ পুংখানুপুংখভাবে বিশ্লেষণ কৰি প্রতিকাৰমূলক ব্যৱস্থা গ্রহণৰ উপযোগী পদক্ষেপ গ্ৰহণৰ বাবে প্রধানমন্ত্রীয়ে তেওঁলোকক পৰামর্শ আগবঢ়ায়। ২০১৯ চনৰ ভিতৰত দেশৰ গ্রামাঞ্চলত ১ কোটি আবাস নির্মাণ কৰি তাৰ সেয়া হিতাধিকীৰূসকলক হস্তান্তৰৰ যি ৰূপৰেখা প্ৰস্তুত কৰা হৈছে, তাৰ অগ্রগতি সম্পর্কেও খতিয়ান লয় প্ৰধানমন্ত্ৰী শ্রী নৰেন্দ্র মোদীয়ে। তেওঁ কয় যে এই সকলো আবাসে হিতাধিকাৰীসকলৰ দৈনন্দিন জীবনযাত্রাত কিমান ইতিবাচক সুফল প্ৰদান কৰিব, সেয়া বিশেষভাবে পৰীক্ষা কৰি চোৱা প্রয়োজন। কাৰণ আমাৰ মূল লক্ষ্য হৈছে সাধাৰণ আৰু দৰিদ্র জনসাধাৰণৰ জীবনধাৰণৰ মান উন্নয়ন নিশ্চিত কৰি তোলা। বৈঠকত কয়লা খণ্ডৰ কাম-কাজৰ লগতে আধুনিক প্রযুক্তি ব্যৱহাৰৰ জৰিয়তে খনি সংক্রান্তীয় কাং-কাজ আৰু কয়লাৰ পৰা গেছ আহৰণৰ প্রচেষ্টাত পূর্ণ উদ্যমে কাম কৰি যোৱাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে। গ্রামীণ বৈদ্যুতিকীকৰণ আৰু গৃহত বিদ্যুতৰ সংযোগ প্ৰদানৰ ক্ষেত্রত অগ্রগতিৰ সম্পর্কেও পর্যালোচনা বৈঠকত প্ৰধানমন্ত্ৰীক অৱগত কৰা।
মুখ্য আন্তঃগাঁথনিমুলক খণ্ডসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%BE%E0%A6%A4%E0%A7%83%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE%E0%A6%A4-%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A7%8E%E0%A6%B8%E0%A6%BE-%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%BE%E0%A6%A4%E0%A7%83%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE%E0%A6%A4-%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A7%8E%E0%A6%B8%E0%A6%BE-%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE/
ভূপালত হিন্দী ভাষাত চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰম্ভ হোৱা কাৰ্যৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে এই ঐতিহাসিক পদক্ষেপে লাখ লাখ শিক্ষাৰ্থীক নিজৰ ভাষাত চিকিৎসা বিজ্ঞানৰ শিক্ষা লাভ কৰাত উপকৃত কৰিব আৰু দেশত এক ইতিবাচক পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব। তেওঁ আৰু কয় যে এই পদক্ষেপে শিক্ষাৰ্থীসকলৰ বাবে সুযোগৰ একাধিক দুৱাৰ মুকলি কৰিব। গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; "চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ ক্ষেত্ৰত এই শুভাৰম্ভিণিয়ে দেশত এক বৃহত্‍ ইতিবাচক পৰিৱৰ্তন সা‌ধন কৰিব। ইয়াৰ জৰিয়তে, লাখ লাখ শিক্ষাৰ্থীয়ে তেওঁলোকৰ ভাষাত চিকিৎসা বিজ্ঞানৰ শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ বাবে অনেক সুযোগৰ দুৱাৰ মুকলি হ'ব।"
মাতৃভাষাত চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰম্ভ হোৱা কাৰ্যৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A7%A8%E0%A7%AF-%E0%A7%A6%E0%A7%AD-%E0%A7%A8%E0%A7%A6%E0%A7%A7/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A7%A8%E0%A7%AF-%E0%A7%A6%E0%A7%AD-%E0%A7%A8%E0%A7%A6%E0%A7%A7/
মোৰ মৰমৰ দেশবাসী, নমস্কাৰ৷ এইকেইদিনত বহু স্থানৰ পৰা বৰ্ষা ঋতুৰ ভাল খবৰ আহি আছে৷ কোনো কোনো স্থানত অধিক বৰ্ষাৰ বাবে চিন্তাজনক খবৰো আহি আছে আৰু কোনো স্থানত মানুহে বৰ্ষাৰ প্ৰতীক্ষাও কৰি আছে৷ ভাৰতৰ বিশালতা, বিবিধতা, কেতিয়াবা কেতিয়াবা বৰ্ষাইও পচন্দ–নাপচন্দৰ ৰূপো দেখুৱায়, কিন্তু আমি বৰ্ষাক কিয় দোষ দিম, মনুষ্যই কেৱল প্ৰকৃতিৰ সৈতে সংঘৰ্ষৰ পথ নিৰ্বাচন কৰি লৈছে আৰু তাৰ ফলতেই কেতিয়াবা কেতিয়াবা প্ৰকৃতি ৰোষত পৰে৷ আৰু সেইবাবে আমাৰ সকলোৰে দায়িত্ব যে–আমি প্ৰকৃতিক প্ৰেম কৰোঁ, আমি প্ৰকৃতিৰ ৰক্ষণ কৰোঁ, আমি প্ৰকৃতিৰ সংবৰ্ধক হওঁ, প্ৰকৃতিদত্ত যিসমূহ সামগ্ৰী আছে সেইসমূহৰ ভাৰসাম্য ৰক্ষা কৰোঁ৷ কেইদিনমানপূৰ্বে এনেকুৱা ধৰণৰ এটা প্ৰাকৃতিক বিপদে সমগ্ৰ বিশ্বৰ ধ্যান আকৰ্ষিত কৰিছিল৷ আপোনালোক সকলোৱে টিভিত দেখিছিল, থাইলেণ্ডত ১২ জন কিশোৰৰ এটা ফুটবলৰ দল আৰু তেওঁলোকৰ প্ৰশিক্ষক ফুৰিবলৈ এটা গুহালৈ গৈছিল৷ তাত সাধাৰণতে গুহালৈ যাওঁতে আৰু তাৰ পৰা বাহিৰ ওলাবলৈ কিছু ঘণ্টাৰ প্ৰয়োজন হয়৷ কিন্তু তেওঁলোকৰ ভাগ্য সুপ্ৰসন্ন নাছিল৷ যেতিয়া তেওঁলোক গুহাৰ অধিক ভিতৰলৈ সোমাই গ’ল– আচম্বিতে হোৱা ভীষণ বৰষুণৰ ফলত গুহাৰ দ্বাৰৰ মুখত পানী জমা হৈ গ’ল৷ তেওঁলোকৰ বাহিৰলৈ ওলোৱাৰ পথ বন্ধ হৈ পৰিল৷ ওলোৱাৰ কোনো পথ বিচাৰি নোপোৱাত তেওঁলোকে গুহাৰ ভিতৰৰ এটা সৰু টিলাত ৰৈ গ’ল–তাকো এদিন দুদিনৰ বাবে নহয়– সম্পূৰ্ণ ১৮ দিনলৈ৷ আপুনি কল্পনা কৰিব পাৰে, কিশোৰ অৱস্থাত যেতিয়া সন্মুখত মৃত্যু পৰিলক্ষিত হয় আৰু পলে পলে যদি সেয়া পাৰ কৰিব লাগে তেন্তে কেৰনে হ’ব পাৰে! এটা দিশৰ পৰা তেওঁলোক সংকটৰ সৈতে যুঁজি আছিল আৰু দ্বিতীয় ফালে সমগ্ৰ বিশ্বত মানৱতাই একত্ৰ হৈ ঈশ্বৰপ্ৰদত্ত মানৱীয় গুণসমূহ প্ৰকট কৰি আছিল৷ সমগ্ৰ বিশ্বৰ জনতাই এই কিশোৰকেইজনক সুৰক্ষিতভাৱে বাহিৰলৈ ওলোৱাৰ বাবে প্ৰাৰ্থনা কৰি আছিল৷ ল’ৰা কেইজন ক’ত আছিল, কেনেদৰে আছিল সেয়া গম পোৱাৰ বাবে বিভিন্ন কাৰ্য সম্পন্ন কৰা হৈছিল৷ তেওঁলোকক কিদৰে বাহিৰলৈ ওলোৱা যায়৷ যদি সুৰক্ষা কাৰ্য সময়মতে নহ’লহেঁতেন তেন্তে বাৰিষাৰ ঋতুটোত তেওঁলোকক কেইবা মাহলৈও ওলোৱাৰ বাবে সম্ভৱ নহ’লহেঁতেন৷ যি কি নহওক, ভাল খবৰ হোৱাৰ পিছত সমগ্ৰ বিশ্বই স্বস্তিৰ নিশ্বাস কাঢ়িলে, সন্তোষিত হ’ল৷ কিন্তু সমগ্ৰ ঘটনাটো মই আন এটা দৃষ্টিভংগীৰে প্ৰত্যক্ষ কৰিলোঁ যে এই সমগ্ৰ কাৰ্যট কিদৰে সম্ভৱ হ’ল৷ প্ৰতিটো পৰ্যায়ত দায়িত্বৰ অনুভূতি হোৱা প্ৰকট হ’ল৷ সকলোৱে, চৰকাৰেই হওক, সেই কিশোৰকেইজনৰ পিতৃ–মাতৃয়েই হওক, তেওঁলোকৰ পৰিয়ালেই হওক, সংবাদ মাধ্যমেই হওক, দেশৰ নাগৰিকেই হওক–সকলোৱে শান্তি আৰু ধৈৰ্যৰ অদ্ভূত আচৰণ প্ৰদৰ্শন কৰিলে৷ সকলোৱে দল গঠন কৰি নিজৰ অভিযানৰ সৈতে জড়িত হৈ পৰিল৷ সকলোৰে সংযমিত ব্যৱহাৰ–মই এয়া শিকিবলগীয়া বিষয় বুলি ভাবোঁ৷ এনেকুৱা নহয় যে তেওঁলোকৰ মাক–দেউতাক দুখী নাছিল, মাক–দেউতাকৰ চকুলৈ চকুলো অহা নাছিল, কিন্তু ধৈৰ্য, সংযম, সমাজৰ শান্ত ব্যৱহাৰ– এয়া নিজৰ মাজতেই সকলোৰে বাবে শিকনীয় বিষয়৷ এই সমগ্ৰ অভিযানটোত থাইলেণ্ডৰ নৌসেনাৰ এজন সৈন্যই নিজৰ জীৱনো হেৰুৱাবলগীয়া হ’ল৷ সমগ্ৰ বিশ্ব এইটো কথাতেই আশ্বৰ্যাম্বিত হ’ল যে এই কঠিন পৰিস্থিতিৰ পিছতো পানীৰ ভৰা এটা অন্ধকাৰ গুহাত ইমান সাহস আৰু ধৈৰ্যৰ সৈতে তেওঁলোকে আশা নেহেৰুৱালে৷ ই এয়াই প্ৰদৰ্শিত কৰিছে যে যেতিয়া মানৱতা একত্ৰিত হয় তেতিয়া অভূতপূৰ্ব কাৰ্য সংঘটিত হয়৷ মাত্ৰ আমি শান্ত হৈ থকাটো আৰু স্থিৰ মনেৰে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰি সেই সন্দৰ্ভত কাম কৰাটো প্ৰয়োজন৷ কিছুদিন পূৰ্বে আমাৰ দেশৰ প্ৰিয় কবি নীৰজ মহোদয়ে আমাক এৰি গুচি গ’ল৷ নীৰজ মহোদয়ৰ এটা বিশেষত্ব আছিল– আশা, ভৰসা, দৃঢ়সংকল্প আৰু আত্মবিশ্বাস৷ আমি ভাৰতীয়সকলেও নীৰজ মহোদয়ৰ প্ৰতিটো কথাৰ পৰা শক্তি পাওঁ, প্ৰেৰণা পাঁও– তেওঁ লিখিছিল– ‘अँधियार ढलकर ही रहेगा, आँधियाँ चाहे उठाओ, बिजलियाँ चाहे गिराओ, जल गया है दीप तो अँधियार ढलकर ही रहेगा’। নীৰজ মহোদয়ক সাদৰেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ৷ “নমস্কাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মোৰ নাম সত্যম৷ মই চলিত বৰ্ষত দিল্লী বিশ্ববিদ্যালয়ত প্ৰথম বৰ্ষত নাম ভৰ্তি কৰিছোঁ৷ আমাৰ বিদ্যালয়ৰ ব’ৰ্ডৰ পৰীক্ষাৰ সময়ত আপুনি পৰীক্ষাৰ দুঃচিন্তা আৰু শিক্ষাৰ কথা কৈছিল৷ মোৰ দৰে শিক্ষাৰ্থীৰ প্ৰতি আপোনাৰ বাৰ্তা কেনে ধৰণৰ৷’’ সাধাৰণতে জুলাই আৰু আগষ্ট মাহটো সকলো যুৱক–যুৱতীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ কাৰণ এইটো সময়েই মহাবিদ্যালয়ৰ প্ৰধান ঋতু৷ ‘সত্যম’ দৰে বহু যুৱকে বিদ্যালয়ৰ পৰা ওলাই মহাবিদ্যালয়লৈ যায়৷ আৰু যদি ফেব্ৰুৱাৰী তথা মাৰ্চ মাহটো পৰীক্ষাৰ পেপাৰ আৰু উত্তৰতেই পাৰ হয় তেন্তে এপ্ৰিল আৰু মে’ মাহটো ছুটি আৰু আনন্দত পাৰ হোৱাৰ লগতে পৰীক্ষাৰ ফলাফল তথা জীৱনৰ দিশ প্ৰস্তুত কৰাৰ বাবে, কেৰিয়াৰ বাচনি আদিত পাৰ হয়৷ জুলাই মাহত যুৱক–যুৱতীয়ে ফ’কাচ প্ৰশ্নৰ পৰা আঁতৰি কাট–অফলৈ গুচি যায়৷ শিক্ষাৰ্থীসকলৰ ধ্যান ঘৰৰ পৰা ছাত্ৰাবাসলৈ গুচি যায়৷ শিক্ষাৰ্থীসকল আভিভাৱকৰ ছত্ৰছায়াৰ পৰা অধ্যাপকৰ ছত্ৰছায়ালৈ আহি যায়৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে মোৰ যুৱ মিত্ৰসকল মহাবিদ্যালয়ৰ জীৱনৰ আৰম্ভণক লৈ অত্যন্ত উৎসাহী আৰু সুখী হ’ব৷ প্ৰথম বাৰলৈ ঘৰৰ পৰা বাহিৰলৈ যোৱা, গাঁৱৰ পৰা বাহিৰলৈ যোৱা, এক সুৰক্ষিত পৰিৱেশৰ পৰা বাহিৰ ওলাই নিজেকই নিজৰ সাৰথি হিচাপে প্ৰস্তুত কৰে৷ ইমানবোৰ যুৱক প্ৰথমবাৰলৈ নিজৰ ঘৰ এৰি, নিজৰ জীৱনক এক নতুন দিশ প্ৰদান কৰাৰ বাবে ওলাই আহে৷ বহু শিক্ষাৰ্থীয়ে এই পৰ্যন্ত নিজৰ নিজৰ মহাবিদ্যালয়ত চাগে নাম ভৰ্তি কৰিছে৷ আপোনালোকক মই এয়াই ক’ম যে শান্ত হৈ নিজৰ জীৱন উপবোগ কৰক, জীৱনৰ অন্তৰ্নিহিত আনন্দসমূহ উপভোগ কৰক৷ কিতাপ অবিহনে কোনো বিকল্প নাই, অধ্যয়নতো কৰিবই লাগিব, কিন্তু নতুন নতুন বস্তু সন্ধান কৰাৰ প্ৰবৃত্তি থাকিব লাগে৷ পুৰণি বন্ধুসমূহৰ নিজা এটা মূল্য আছে৷ শৈশৱৰ বন্ধু মহা মূল্যৱান, কিন্তু নতুন বন্ধু বাচনি কৰা, বনোৱা আৰু বনাই ৰখা এয়া নিজৰ মাজতে এক বুদ্ধিদীপ্ততাৰ কাম৷ কিবা এটা নতুন শিকক, যেনে নতুন নতুন দক্ষতা, নতুন নতুন ভাষা শিকক৷ যিসকল শিক্ষাৰ্থীয়ে নিজৰ ঘৰ এৰি বাহিৰৰ কোনো স্থানলৈ পঢ়িবলৈ গৈছে সেই স্থানসমূহ আৱিষ্কাৰ কৰক৷ সেই স্থানৰ লোকসমূহ, ভাষা, সংস্কৃতিৰ বিষয়ে জানক৷ সেই স্থানৰ পৰ্যটনস্থলসমূহ দৰ্শন কৰক, সেইসমূহৰ বিষয়ে জানক৷ নতুন জীৱন আৰম্ভ কৰা যুৱক–যুৱতীসকলক মই শুভকামনা জনাইছোঁ৷ এই মহাবিদ্যালয়ৰ অধিৱেশনৰ কথা চলি থকাৰ সময়তে মই বাতৰিত দেখা পালো যে কিদৰে মধ্যপ্ৰদেশৰ এক অত্যন্ত দুখীয়া পৰিয়ালৰ এক ছাত্ৰ আশাৰাম চৌধুৰীয়ে জীৱনৰ কঠিনতম প্ৰত্যাহ্বান অতিক্ৰমি সফলতা প্ৰাপ্ত কৰিছে৷ তেওঁ যোধপুৰৰ এইমছৰ এমবিবিএছৰ পৰীক্ষাত নিজৰ প্ৰথম প্ৰয়াসতেই সফলতা প্ৰাপ্ত কৰিছে৷ তেওঁৰ পিতৃয়ে পেলনীয়া সামগ্ৰী সংগ্ৰহ কৰি নিজৰ পৰিয়াল পোহ–পাল দিয়ে৷ মই তেওঁৰ এই সফলতাৰ বাবে অভিনন্দন জনাইছোঁ৷ এনেকুৱা কিমান ছাত্ৰ আছে যি দুখীয় পৰিয়ালৰ আৰু প্ৰতিকূল পৰিস্থিতিৰ পিছতো নিজৰ পৰিশ্ৰম আৰু প্ৰয়াসৰ দ্বাৰা এনেকুৱা কাৰ্য সিদ্ধ কৰিছে যিয়ে আমাক প্ৰেৰণা দিয়ে৷ লাগিলে তেওঁ দিল্লীৰ প্ৰিন্স কুমাৰেই হওক, যাৰ পিতৃ ডিটিচিত বাচ চালক আছিল অথবা কলকাতাৰ অভয় গুপ্তা যিয়ে ফুটপাথত ষ্ট্ৰীট লাইটৰ তলত অধ্যয়ন কৰিছিল৷ আহমেদাবাদৰ ছোৱালী আফৰীণ শ্বেখ, যাৰ পিতৃয়ে অটো ৰিক্সা চলায়৷ নাগপুৰৰ ছোৱালী খুশী, যাৰ পিতৃ স্কুল বাছৰ চালক অথবা হাৰিয়াণাৰ কাৰ্তিক, যাৰ পিতৃ চকীদাৰ অথবা ঝাৰখণ্ডৰ ৰমেশ সাহু, যাৰ পিতৃ ইটা–ভাটাৰ শ্ৰমিক৷ ৰমেশে স্বয়ং মেলাত খেলা–পুতলা বিক্ৰী কৰিছিল অথবা গুড়গাঁৱৰ দিব্যাংগ কন্যা অনুষ্কা পাণ্ডা, যি জন্মতেই স্পাইনেল মাস্কুলাৰ অ’ট্ৰ’ফী নামৰ এক অনুবংশিক ৰোগৰ দ্বাৰা আক্ৰান্ত৷ এওঁ সকলোৱে নিজৰ দৃঢ় সংকল্পৰ আৰু উৎসাহৰ জৰিয়তে সকলো বাধা অতিক্ৰমি বিশ্বৰ চকু চমকিত কৰা সাফল্য লাভ কৰিছে৷ আমাৰ ওচৰে–পাজৰে এনে বহু উদাহৰণ আমি দেখিবলৈ পাম৷ দেশৰ কোনো প্ৰান্তত যদি এটা ভাল ঘটনা ঘটে তাৰ জৰিয়তে মনত মই বল পাওঁ, প্ৰেৰণা পাওঁ৷ যেতিয়াই মই যুৱক–যুৱতীসকলৰ কথা আপোনালোকক কওঁ তেতিয়া ইয়াৰ সৈতে মোৰ নীৰজ মহোদয়ৰ কথাও মনলৈ আহে আৰু জীৱনৰ লক্ষ্যতো সেয়াই৷ নীৰজ মহোদয়ে কয়– ‘गीत आकाश को धरती का सुनाना है मुझे, हर अँधेरे को उजाले में बुलाना है मुझे, फूल की गंध से तलवार को सर करना है, और गा–गा के पहाड़ों को जगाना है मुझे’ মোৰ মৰমৰ দেশবাসীসকল, কিছুদিন পূৰ্বে মই এটা বাতৰিত প্ৰত্যক্ষ কৰিছিলো যে– ‘‘দুজন যুৱকে মোদীৰ সপোন বাস্তৱায়িত কৰিলে’’৷ যেতিয়া বাতৰিটোৰ ভিতৰ অংশ পঢ়িলো তেতিয়া গম পালো যে আমাৰ তৰুণ প্ৰজন্মই প্ৰযুক্তিৰ স্মাৰ্ট আৰু সৃজনীশীল ব্যৱহাৰ কৰি সাধাৰণ জনতাৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ প্ৰয়াস কৰিছে৷ ঘটনাটো এনে আছিল, এবাৰ আমেৰিকাৰ প্ৰযুক্তিৰ চহৰ হিচাপে খ্যাত ছেন জোছ নগৰত ভাৰতীয় যুৱ প্ৰজন্মৰ সৈতে কিছু আলোচনা কৰিছিলো৷ মই তেওঁলোকক আহ্বান কৰিছিলো যে তেওঁলোকে ভাৰতৰ বাবে নিজৰ প্ৰতিভাক কিদৰে ব্যৱহাৰ কৰিব পাৰে এয়া ভাবক আৰু সময় উলিয়াই কিবা এটা কৰক৷ মই ব্ৰেইন–ড্ৰেইনক ব্ৰেইন–গেইনলৈ পৰিৱৰ্তন কৰাৰ বাবে আহ্বান কৰিছিলো৷ ৰায়বৰেলীৰ দুজন তথ্য প্ৰযুক্তিৰ পেছাদাৰী যোগেশ সাহু আৰু ৰাজনীশ বাজপেয়ীয়ে মোৰ এই প্ৰত্যাহ্বান স্বীকাৰ কৰি এক অভিনৱ পৰ্য়াস কৰিলে৷ নিজৰ পেছাদাৰী দক্ষতা ব্যৱহাৰ কৰি যোগেশজী আৰু ৰাজনীশজীয়ে লগ হৈ এক স্মাৰ্ট গাঁও এপ প্ৰস্তুত কৰিলে৷ এই এপে কেৱল গাঁৱৰ লোককেই নহয়, সমগ্ৰ বিশ্বকে একত্ৰিত কৰিলে৷ ইয়াৰ জৰিয়তে তেওঁলোকে যিকোনো সূচনা তথা জাননী নিজৰ ম’বাইলতেই প্ৰাপ্ত কৰিব পাৰে৷ ৰায়বৰেলীৰ এই তৌধকপুৰ গাঁৱৰ বাসিন্দাসকলে, গ্ৰাম–প্ৰধান, জিলা ন্যায়াধীশ, চিডিঅ’ সকলোৱে এই এপটো ব্যৱহাৰ কৰাৰ বাবে জনসাধাৰণক সজাগ কৰিলে৷ এই এপটোৱে গাঁৱত এক প্ৰকাৰে ডিজিটেল আন্দোলন গঢ়ি তুলিলে৷ গাঁৱত যি বিকাশমূলক কাম হয়, সেই এপটোৰ জৰিয়তে নথিভুক্ত কৰা, ট্ৰেক কৰা, নিৰীক্ষণ কৰা সহজ হৈ পৰিল৷ এই এপত গাঁৱৰ ফোন ডাইৰেক্টৰী, বাতৰি, অনুষ্ঠানৰ তালিকা, স্বাস্থ্য কেন্দ্ৰ আৰু তথ্য কেন্দ্ৰ অন্তৰ্ভুক্ত আছে৷ এই এপটো কৃষকসকলৰ বাবেও লাভজনক বিবেচিত হৈছে, এপৰ ব্যাকৰণ বৈশিষ্ট, কৃষকসকলৰ মাজত সত্যৰ হাৰ, এক প্ৰকাৰে তেওঁলোকৰ উৎপাদনৰ বাবে এক বজাৰৰ দৰে কাম কৰে৷ এই ঘটনাসমূহ যদি আপুনি ভালদৰে প্ৰত্যক্ষ কৰে তেন্তে দেখিব যে সেই যুৱকজনে আমেৰিকাৰ জীৱন–শৈলীৰ মাজেৰে জীৱন নিৰ্বাহ কৰিছে৷ বহু বছৰ পূৰ্বে তেওঁ হয়তো ভাৰতৰ পৰা গুচি গৈছিল কিন্তু তথাপিও নিজৰ গাঁওখনক ভালকৈ জানে, প্ৰত্যাহ্বানসমূহৰ বিষয়ে জানে আৰু গাঁৱৰ সৈতে আবেগিকভাৱে জড়িত৷ এই কাৰণতেই তেওঁ গাঁৱক যি ধৰণে আৱশ্যক সেই ধৰণে নিৰ্মাণ কৰিব পাৰিলে৷ নিজৰ গাঁও, নিজৰ ভেঁটি আৰু দেশৰ বাবে কিবা এটা কৰি দেখুওৱাৰ ভাব প্ৰতিগৰাকী ভাৰতীয়ৰ অধীনত স্বাভাৱিক ৰূপতে থাকে৷ কিন্তু কেতিয়াবা কেতিয়াবা সময়ৰ কাৰণত, কেতিয়াবা দূৰত্বৰ কাৰণত, কেতিয়াবা পৰিস্থিতিৰ কাৰণত তাৰ ওপৰত কেতিয়াবা পাতলীয়া চামনি পৰে৷ কিন্তু যদি এটা সৰু অঙঠাও তাক স্পৰ্শ কৰে যদি সি পুনৰ বাৰ উদ্ভাসিত হৈ উঠে আৰু পাৰ হৈ যোৱা দিনসমূহ নিজলৈ টানি আনে৷ আমিও অলপ গৱেষণা কৰি চোৱা উচিত যে আমাৰ ক্ষেত্ৰতো এনেকুৱা হোৱা নাইতো! স্থিতি, পৰিস্থিতি, দূৰত্বই আমাক পৃথক কৰা নাইতো, চামনি পৰা নাইতো! নিশ্চয়কৈ ভাবক৷ ‘‘আদৰণীয়া প্ৰধানমন্ত্ৰী মহোদয়, নমস্কাৰ৷ মই সন্তোষ কাকড়ে, কোলহাপুৰ, মহাৰাষ্ট্ৰৰ পৰা কৈছোঁ৷ পণ্টৰপুৰৰ ‘ৱাৰী’ মহাৰাষ্ট্ৰৰ এক পুৰণি পৰম্পৰা৷ প্ৰত্যেক বৰ্ষত ইয়াক অতি উৎসাহেৰে পালন কৰা হয়৷ প্ৰায় ৭–৮ লাখ ‘ৱাৰকৰী’ ইয়াত অন্তৰ্ভুক্ত হয়৷ এই অতুলনীয় কাৰ্যসূচীৰ বিষয়ে দেশৰ অন্য জনতাও অৱগত হওক৷ সেইবাবে আপুনি ইয়াৰ বিষয়ে জনতাক কওক৷’’ সন্তোষ মহোদয়, আপোনাৰ ফোন কলৰ বাবে বহুত বহুত ধন্যবাদ৷ সঁচাকৈয়ে পণ্টৰপুৰৰ ‘ৱাৰী’ এক অতুলনীয় যাত্ৰা৷ বন্ধুসকল, আহাৰৰ একাদশী যি এইবাৰ ২৩ জুলাইত আছিল, সেইদিনা পণ্টৰপুৰৰ ‘ৱাৰী’ পালন কৰা হয়৷ পণ্টৰপুৰ মহাৰাষ্ট্ৰ চোলাপুৰ জিলাৰ এখন পবিত্ৰ চহৰ৷ আহাৰ একাদশীৰ প্ৰায় ১৫–২০ দিন পূৰ্বৰে পৰা ‘ৱাৰকৰী’ অৰ্থাৎ তীৰ্থযাত্ৰীসকলে পাল্কিৰ সৈতে পণ্টৰপুৰৰ যাত্ৰাৰ বাবে খোজকাঢ়ি যাত্ৰা কৰে৷ এই যাত্ৰা যাক ‘ৱাৰী’ বুলি কোৱা হয়, তাত লক্ষাধিক ‘ৱাৰকৰী’য়ে অংশগ্ৰহণ কৰে৷ সন্ত জ্ঞানেশ্বৰ আৰু সন্ত টুকাৰামৰ দৰে মহান সন্তৰ পাদুকা, পাল্কিত থৈ গীত গাই, নৃত্য কৰি পণ্টৰপুৰৰ দিশে যাত্ৰা কৰে৷ এই ‘ৱাৰী’ শিক্ষা, সংস্কাৰ আৰু শ্ৰদ্ধাৰ ত্ৰিৱেণী সংগম হয়৷ তীৰ্থযাত্ৰী ভগৱান বিত্থল যাক বিঠোৱা অথবা পাণ্ডুৰংগ বুলিও কোৱা হয় তেওঁৰ দৰ্শনৰ বাবে তাত উপস্থিত হয়৷ ভগৱান বিত্থলে দুখীয়া, বঞ্চিত, পীড়িতক ৰক্ষা কৰে৷ মহাৰাষ্ট্ৰ, কৰ্ণাটক, গোৱা, অন্ধ্ৰ প্ৰদেশ, তেলেংগানাৰ জনতাৰ তেওঁৰ প্ৰতি অপাৰ শ্ৰদ্ধা আৰু ভক্তি আছে৷ পণ্টৰপুৰত বিত্থৱা মন্দিৰলৈ যোৱা আৰু তাৰ মহিমা, সৌন্দৰ্য, আধ্যাত্মিক আনন্দৰ এক অনন্য ৰূপ আছে৷ ‘মন কী বাত’ৰ শ্ৰোতাসকলক মই আহ্বান কৰিম যে কেতিয়াবা সুবিধা পালে পণ্টৰপুৰৰ ‘ৱাৰী’ৰ অনুভৱ নিশ্চয়কৈ লওক৷ জ্ঞানেশ্বৰ, নামদেৱ, একনাথ, ৰামদাস টুকাৰাম– এনে অসংখ্য সন্তই মহাৰাষ্ট্ৰত আজিও জনসাধাৰণক শিক্ষিত কৰে৷ ‘অন্ধ শ্ৰদ্ধা’ৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে আৰু হিন্দুস্তানৰ প্ৰতিটো প্ৰান্তত এই সন্তসকলে প্ৰেৰণা দিয়ে৷ ‘অন্ধ শ্ৰদ্ধা’ৰ বিৰুদ্ধে শ্ৰদ্ধাৰ সৈতে সমাজে যুঁজিবলৈ সমাজে শক্তি প্ৰাপ্ত কৰে৷ এওঁলোকে সময়ে সময়ে সমাজক বাৰণ কৰিছিল, দাপোণ দেখুৱাইছিল আৰু এয়া সুনিশ্চিত কৰাইছিল যে পুৰণি কুপ্ৰথা যাতে আমাৰ সমাজৰ পৰা নিঃশেষ হয় আৰু জনতাৰ মাজত যাতে কৰুণা, সমতা আৰু সুচিন্তাৰ সংস্কাৰ উৎপন্ন হয়৷ আমাৰ এই ভাৰত ভূমি বহুৰত্না বসুন্ধৰা কিয়নো সন্তসমূহৰ মহান পৰম্পৰা আমাৰ দেশত আছে, সেইদৰে সামৰ্থৱান মা–ভাৰতীক সমৰ্পিত মহাপুৰুষসকলে এই ধৰাৰ বাবে নিজৰ জীৱন আহুতি দিছে, সমৰ্পিত কৰিছে৷ এনেকুৱা এজন মহাপুৰুষ আছিল লোকমান্য তিলক যিয়ে অনেক ভাৰতীয়ৰ মনত নিজৰ ছাপ এৰি থৈ গৈছিল৷ আমি ২৩ জুলাইত তিলক জয়ন্তী আৰু ০১ আগষ্টত তেওঁৰ পুণ্যতিথিত তেওঁক স্মৰণ কৰোঁ৷ লোকমান্য তিলক সাহসী আৰু আত্মবিশ্বাসী আছিল৷ তেওঁৰ ব্ৰিটিছ শাসকক তেওঁলোকৰ ভুল–ক্ৰুটিসমূহ দেখুওৱাৰ শক্তি আৰু বুদ্ধিমত্তা আছিল৷ ইংৰাজসকলে লোকমান্য তিলকক ইমানেই ভয় খাইছিল যে তেওঁলোকে ২০ বছৰত তিলকৰ ওপৰত তিনি বাৰ ৰাজদ্ৰোহৰ দোষত অভিযুক্ত কৰোৱাৰ বাবে চেষ্টা কৰিছিল, আৰু এয়া সৰু কথা নছিল৷ মই লোকমান্য তিলক আৰু আহমেদাবাদত তেওঁৰ প্ৰতিমাৰ সৈতে জড়িত এক আমোদজনক ঘটনা আপোনালোকৰ সন্মুখত উত্থাপন কৰিব খুজিছোঁ৷ ১৯১৬ চনত অক্টোবৰ মাহত লোকমান্য তিলক যেতিয়া আহমেদাবাদলৈ আহিছিল, সেই সময়ত আজিৰ পৰা প্ৰায় এশ বছৰ পূৰ্বে ৪০,০০০ত কৈও অধিক জনতাই তেওঁক আহমেদাবাদত স্বাগতম জনাইছিল আৰু এই যাত্ৰাৰ মাজতেই চৰ্দাৰ বল্লভ ভাই পেটেলে তেওঁৰ সৈতে কথা পতাৰ সুযোগ পাইছিল আৰু চৰ্দাৰ বল্লভ ভাই পেটেল লোকমান্য তিলকৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছিল৷ যেতিয়া ০১ আগষ্ট ১৯২০ চনত লোকমান্য তিলক স্বৰ্গগামী হ’ল তেতিয়া তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিলে যে আহমেদাবাদত তিলকৰ এটা স্মাৰক স্থাপন কৰিব৷ চৰ্দাৰ বল্লভ ভাই পেটেল আহমেদাবাদৰ নগৰ পালিকাৰ মেয়ৰ হিচাপে নিৰ্বাচিত হ’ল আৰু তেওঁ ততালিকেই লোকমান্য তিলকৰ স্মাৰকৰ বাবে ভিক্ট’ৰিয়া গাৰ্ডেন নিৰ্বাচিত কৰিলে আৰু এই ভিক্ট’ৰিয়া গাৰ্ডেন ব্ৰিটেইনৰ মহাৰাণীৰ নামত আছিল৷ স্বাভাৱিকতে ব্ৰিটিছ তেওঁৰ ওপৰত অসন্তুষ্ট হ’ল আৰু উপায়ুক্তই ইয়াৰ বাবে অনুমতি দিয়াৰ বাবে পিছ হোঁহকি থাকিল কিন্চু চৰ্দাৰ চাহাব চৰ্দাৰেই আছিল৷ তেওঁ অটল আছিল আৰু কৈছিল যে লাগিলে তেওঁ পদত্যাগ কৰিব কিন্তু লোকমান্য তিলকৰ মূৰ্তি স্থাপন কৰিবই৷ শেষত এই মূৰ্তি প্ৰস্তুত হ’ল আৰু চৰ্দাৰ চাহাবে নহয়–২৮ ফেব্ৰুৱাৰী ১৯২৯ চনত মহাত্মা গান্ধীয়ে এই মূৰ্তিৰ উদঘাটন কৰে আৰু আমোদজনক কথা এয়ে যে সেই সমাৰোহত পূজ্য বাপুৱে ভাষণ প্ৰদান কৰি ক’লে যে চৰ্দাৰ পেটেল অহাৰ পিছত আহমেদাবাদৰ নগৰ পালিকাই কেৱল এজন ব্যক্তিয়েই নহয়, এজন সাহসী ব্যক্তি পালে যাৰ বাবে তিলকৰ মূৰ্তি স্থাপন সম্ভৱ হ’ল৷ মোৰ মৰমৰ দেশবাসীসকল, এই প্ৰতিমাৰ বৈশিষ্ট এয়ে যে তিলকৰ ই এনে এক দূৰ্লভ মূৰ্তি য’ত তেওঁ এখন আসনত বহি আছে আৰু ইয়াত লিখা আছে, ‘‘স্বৰাজ আমাৰ জন্মস্বত্ব অধিকাৰ’’৷ লোকমান্য তিলকৰৰ প্ৰয়াসতেই সাৰ্বজনিক গণেশ উৎসৱৰ পৰম্পৰা আৰম্ভ হ’ল৷ সাৰ্বজনিক গণেশ উৎসৱ পৰম্পৰাগত শ্ৰদ্ধা আৰু উৎসৱৰ সৈতে সমাজ জাগৰণ, সামুহিকতা, জনতাৰ মাজত সমতাৰ ভাৱ জাগ্ৰত কৰাৰ বাবে ই এক প্ৰভাৱী মাধ্যম হিচাপে বিবেচিত হৈছিল৷ সেই সময়খিনিত জনসাধাৰণ একগোট ইংৰাজৰ বিৰুদ্ধে যুঁজিবলৈ একত্ৰ হোৱাৰ সময় আছিল, এই উৎসৱসমূহে জাতি আৰু সম্প্ৰদায়ৰ বাধাসমূহ অতিক্ৰমি সকলোকে একগোট কৰাৰ কাম কৰিছিল৷ সময়ৰ সৈতে এই আয়োজনৰ জনপ্ৰিয়তা বাঢ়ি গ’ল৷ ইয়াৰ দ্বাৰাই গম পোৱা যায় যে আমাৰ প্ৰাচীন উত্তৰাধিকাৰ আৰু ইতিহাসৰ বীৰ নায়কৰ প্ৰতি আজিও আমাৰ তৰুণ প্ৰজন্ম আগ্ৰহী৷ আজি বহু চহৰত এনেকুৱা হয় যে আপোনালোকে দেখিব, প্ৰতিটো গলিতে গণেশৰ পেণ্ডেল দেখিবলৈ পোৱা যায়৷ গলিসমূহৰ পৰিয়ালসকলে মিলি এয়া অনুষ্ঠিত কৰে৷ এটা দলৰ হিচাপত কাম কৰে৷ এয়া আমাৰ যুৱপ্ৰজন্মৰ বাবে এক অতুলনীয় অৱকাশ, য’ত তেওঁলোকে নেতৃত্ব আৰু সংস্থাৰ দৰে গুণসমূহ শিকিব পাৰে, নিজৰ মাজত বিকশিত কৰিব পাৰে৷ মোৰ মৰমৰ দেশবাসীসকল৷ মই যোৱাবাৰ আগ্ৰহ কৰিছিলোঁ আৰু লোকমান্য তিলকক স্মৰণ কৰাৰ মুহূৰ্তত পুনৰবাৰ আপোনালোকক আহ্বান কৰিম যে এইবাৰো আপোনালোকে গণেশ উৎসৱ উদযাপন কৰক, ধুমধামেৰে পালন কৰক কিন্তু পৰিৱেশ অনুকূল গণেশ উৎসৱ পালন কৰাৰ বাবে গুৰুত্ব দিয়ক৷ গণেশৰ মূৰ্তিৰ পৰা আৰম্ভ কৰি সাজ–সজ্জাৰ সামগ্ৰী সকলো পৰিৱেশ অনুকূল হওক আৰু মই বিচাৰিম যে প্ৰতিখন চহৰত পৰিৱেশ অনুকূল গণেশ উৎসৱৰ প্ৰতিযোগিতা হওক, ইয়াত পুৰষ্কাৰৰ ব্যৱস্থা কৰা হওক৷ মই বিচাৰিম যে মাই গভতো আৰু নৰেন্দ্ৰ মোদী এপতো পৰিৱেশ অনুকূল গণেশ উৎসৱ পালনৰ ব্যাপক প্ৰচাৰ হওক৷ মই নিশ্চয়কৈ আপোনালোকৰ কথা জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিম৷ লোকমান্য তিলকে দেশবাসীৰ অন্তৰত আত্মবিশ্বাস জগাই ধ্বনি দিছিল– ‘স্বৰাজ আমাৰ জন্মস্বত্ব অধিকাৰ আৰু ইয়াক আমি প্ৰাপ্ত কৰিমেই’’৷ আজি এয়া কোৱাৰ সময় যে স্বৰাজ আমাৰ জন্মস্বত্ব অধিকাৰ আৰু ইয়াক আমি প্ৰাপ্ত কৰিমেই৷ প্ৰতিজন ভাৰতীয়ৰ চিন্তা সুশাসন আৰু বিকাশৰ ভাল পৰিণামৰ প্ৰতি হ’ব লাগে৷ ইয়েই নতুন ভাৰত নিৰ্মাণ কৰিব৷ তিলকৰ জন্মৰ ৫০ বৰ্ষৰ পিছত ঠিক সেইদিনই অৰ্থাৎ ২৩ জুলাই তাৰিখে ভাৰতৰ এজন সুপুত্ৰৰ জন্ম হৈছিল যিয়ে নিজৰ জীৱন দেশবাসীয়ে যাতে স্বতন্ত্ৰভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে, তাৰবাবে বলিদান দিছিল৷ মই চন্দ্ৰশেখৰ আজাদৰ কথা কৈছোঁ৷ ভাৰতৰ এনেকুৱা কোন তৰুণ আছে যিয়ে এই শাৰীকেইটা শুনি প্ৰেৰণা নাপাব– ‘सरफ़रोशी की तमन्ना अब हमारे दिल में है, देखना है ज़ोर कितना बाज़ु–ए–कातिल में है’ এই শাৰীকেইটাই আশাফাক উল্লাহ খান, ভগৎ সিং, চন্দ্ৰশেখৰ আজাদৰে দৰে তৰুণক প্ৰেৰণা দিছিল৷ চন্দ্ৰশেখৰ আজাদৰ সাহস আৰু স্বতন্ত্ৰতাৰ বাবে তেওঁ ইচ্ছা, ইয়েই বহু তৰুণক প্ৰেৰণা দিছিল৷ আজাদে নিজৰ জীৱন বলিদান দিছিল কিন্তু বিদেশী শাসনৰ অধীনলৈ অহা নাছিল৷ এয়া মোৰ সৌভাগ্য যে মধ্যপ্ৰদেশত মই আজাদৰ গাঁও আলীৰাজপুৰলৈ যোৱাৰ সুযোগ পাইছোঁ৷ এলাহাবাদৰ চন্দ্ৰশেখৰ আজাদ উদ্যানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সুযোগ পাইছোঁ আৰু চন্দ্ৰশেখৰ আজাদ এনে এজন বীৰ পুৰুষ আছিল যি বিদেশীৰ গুলীত মৃত্যুবৰণ কৰিব খোজা নাছিল– স্বতন্ত্ৰতাৰ সৈতে জীয়াই থাকিম আৰু স্বতন্ত্ৰতাৰে মৰিম– এয়াই আছিল তেওঁৰ বিশেষত্ব৷ পুনৰবাৰ ভাৰত মাতাৰ দুজন সুপুত্ৰ লোকমান্য তিলক আৰু চন্দ্ৰশেখৰ আজাদক শ্ৰদ্ধাৰে সোঁৱৰিছো৷ আজি কিছুদিনৰ পূৰ্বে ফিনলেণ্ডত অনুষ্ঠিত হোৱা জুনিয়ৰ অনুৰ্ধ–২০ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৪০০ মিটাৰ দৌৰৰ প্ৰতিযোগিতাত ভাৰতৰ সাহসী কন্যা আৰু কৃষক কন্যা হিমা দাসে সোণৰ পদক জয় কৰি ইতিহাস ৰচিলে৷ দেশৰ আৰু এগৰাকী কন্যা একতা ভয়ানে মোৰ পত্ৰৰ উত্তৰ প্ৰদান কৰি ইণ্ডোনেছিয়াৰ পৰা মোলৈ ইমেইল কৰিছে যে তেওঁ এতিয়া এচিয়ান গেমছৰ প্ৰস্তুতি কৰি আছে৷ ইমেইলত একতাই লিখিছে– ‘কোনো এজন এথলীটৰ জীৱনৰ আটাইতকৈ মহত্বপূৰ্ণ ক্ষণ সেইটোৱেই যেতিয়া তেওঁ ত্ৰিৰংগা ধাৰণ কৰে আৰু মই গৌৰৱবোধ কৰিছোঁ কিয়নো মই কৰি দেখুৱালো৷’ একতা, আমি সকলোৱে আপোনাক লৈ গৌৰৱ কৰিছোঁ৷ আপুনি দেশৰ নাম উজ্বল কৰিলে৷ টুনিশ্বাত বিশ্ব পেৰা এথলেটিকছ গ্ৰেণ্ড প্ৰিক্স ২০১৮ত একতাই সোণ আৰু ব্ৰঞ্জৰ মেডেল জয় কৰিছে৷ তেওঁৰ এই প্ৰাপ্তি এইটো কাৰণতে বিশেষ যে তেওঁ প্ৰত্যাহ্বানক নেওচিও এই পদক জয় কৰিছে৷ একতা ভয়ানৰ ২০০৩ চনত পথ দূৰ্ঘটনাত তেওঁৰ শৰীৰৰ নিম্নভাগ কাম নকৰা হৈ পৰিছিল, কিন্তু সেই কন্যাই সাহস নেহেৰুৱাই নিজকে শক্তিশালী কৰি এই ফলাফল প্ৰাপ্ত কৰিলে৷ আৰু এজন দিব্যাংগ যোগেশ কঠুনিয়াই বাৰ্লিনৰ পেৰা এথলেটিকছ গ্ৰেণ্ড প্ৰিক্সত ডিচকাছ থ্ৰ’ত সোণৰ পদক জয় কৰি বিশ্ব ৰেকৰ্ড স্থাপন কৰিলে, তেওঁৰ সৈতে সুন্দৰ সিংহ গুৰ্জৰেও জেভলিনত সোণৰ পদক জয় কৰিলে৷ মই একতা ভয়ান, যোগেশ কঠুনিয়া আৰু সুন্দৰ সিংহক তেওঁলোকৰ উৎসাহ আৰু সাহসক চালাম কৰিছোঁ, অভিনন্দন জনাইছোঁ৷ আপোনালোক আগবাঢ়ক, খেলক আৰু আনন্দত থাকক৷ মোৰ মৰমৰ দেশবাসীসকল, আগষ্ট মাহটো ইতিহাসৰ অনেক ঘটনা, উৎসৱৰে ভৰা৷ কিন্তু জলবায়ুৰ কাৰণত কেতিয়াবা কেতিয়াবা বেমাৰতো আক্ৰান্ত হোৱা যায়৷ মই আপোনালোক সকলোৰে উত্তম স্বাস্থ্যৰ বাবে, দেশ ভক্তিৰ প্ৰেৰণা জাগ্ৰত কৰিবলৈ, আগষ্ট মাহৰ বাবে আৰু শতিকাজুৰি চলি অহা অনেক উৎসৱৰ বাবে অনেক শুভকামনা জনাইছোঁ৷ পুনৰ বাবে ‘মন কী বাত’ত লগ হ’ম৷ বহুত বহুত ধন্যবাদ৷
প্ৰধানমন্ত্ৰীৰ ২৯.০৭.২০১৮ তাৰিখে ৪৬তম খণ্ডৰ মন কী বাতত প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B9%E0%A6%BF%E0%A6%AE%E0%A6%BE%E0%A6%9A%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%95%E0%A6%AD%E0%A6%BF%E0%A6%A1-%E0%A6%9F%E0%A7%80%E0%A6%95%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B9%E0%A6%BF%E0%A6%AE%E0%A6%BE%E0%A6%9A%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%95%E0%A6%AD%E0%A6%BF%E0%A6%A1-%E0%A6%9F%E0%A7%80%E0%A6%95%E0%A6%BE/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৬ ছেপ্টেম্বৰ, ২০২১ৰ পুৱা ১১বজাত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে হিমাচল প্ৰদেশৰ ক’ভিড টীকাকাৰণ কাৰ্যক্ৰমত জড়িত স্বাস্থ্যকৰ্মী তথা হিতাধিকাৰীসকলৰ সৈতে এক বাৰ্তালাপত মিলিত হ’ব। উল্লেখ্য যে, হিমাচল প্ৰদেশত টীকাকৰণৰ বাবে যোগ্যতা লাভ কৰা সম্পূৰ্ণ সংখ্যক জনতাই ক’ভিড প্ৰতিষেধকৰ প্ৰথমটো পালি গ্ৰহণ কৰিছে। এই কাৰ্য সম্পন্ন কৰাৰ বাবে ৰাজ্যখনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ভিতৰত দুৰ্গম পাৰ্বত্য এলেকালৈ গৈ টীকা প্ৰদান কৰা, আশাকৰ্মীয়ে ঘৰে ঘৰে টীকা প্ৰদান কৰাৰ দৰে কাৰ্যক্ৰমকো সামৰি লোৱা হৈছিল। ৰাজ্যখনত মহিলা, বয়োজ্যেষ্ঠ, দিব্যাংগজন, ঔদ্যোগিক প্ৰতিষ্ঠানৰ কৰ্মচাৰী, দিন হাজিৰা কৰাসকলক বিশেষ প্ৰথমিকতা প্ৰদান কৰি টীকাকৰণৰ দিহা কৰাৰ বাবে ‘সুৰক্ষা কী যুক্তি-ক’ৰোনা ছে মুক্তি’-ৰ কৰ্মসূচী গ্ৰহণ কৰা হৈছিল। অনুষ্ঠানত হিমাচল প্ৰদেশৰ মুখ্য মন্ত্ৰীগৰাকীও উপস্থিত থাকিব।
হিমাচল প্ৰদেশৰ কভিড টীকাকৰণ কাৰ্যক্ৰমত জড়িত স্বাস্থ্যকৰ্মী তথা হিতাধিকাৰীসকলৰ সৈতে ৬ছেপ্টেম্বৰত বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%AD%E0%A7%AB-%E0%A6%96%E0%A6%A8-%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A6%A4-%E0%A7%AD%E0%A7%AB-%E0%A6%9F%E0%A6%BE-%E0%A6%A1%E0%A6%BF%E0%A6%9C%E0%A6%BF%E0%A6%9F%E0%A7%87%E0%A6%B2-%E0%A6%AC/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%AD%E0%A7%AB-%E0%A6%96%E0%A6%A8-%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A6%A4-%E0%A7%AD%E0%A7%AB-%E0%A6%9F%E0%A6%BE-%E0%A6%A1%E0%A6%BF%E0%A6%9C%E0%A6%BF%E0%A6%9F%E0%A7%87%E0%A6%B2-%E0%A6%AC/
বিত্ত মন্ত্ৰী নিৰ্মলাজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ আন সহকৰ্মী, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ, বিভিন্ন মন্ত্ৰালয়ৰ সচিব, দেশৰ বিভিন্ন প্ৰান্তৰ মুখ্যমন্ত্ৰী, এই কাৰ্যসূচীৰ নেতৃত্ব দি থকা মন্ত্ৰী পৰিষদৰ লোকসকল। অৰ্থনীতিসম্পৰ্কীয় সকলো বিশেষজ্ঞ, বেংকিং খণ্ডৰ বিশেষজ্ঞ, অন্যান্য গণ্যমান্য ব্যক্তি, ভদ্ৰমহিলা তথা ভদ্ৰলোকসকল, ৭৫ টা ডিজিটেল বেংকিং ইউনিট মুকলি কৰাৰ উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জনাইছো। আজি দেশখনে আকৌ এবাৰ ডিজিটেল ইণ্ডিয়াৰ সম্ভাৱনা প্ৰত্যক্ষ কৰিছে। আজি দেশৰ ৭৫ খন জিলাৰ ৭৫ টা ডিজিটেল বেংকিং ইউনিটৰ জন্ম হৈছে । মই এই অভিযানৰ সৈতে জড়িত সকলোকে, আমাৰ বেংকিং খণ্ডক, আমাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকক অভিনন্দন জনাইছো। বন্ধুসকল, ডিজিটেল বেংকিং গোটবোৰ হৈছে ভাৰতৰ সাধাৰণ মানুহৰ জীৱন সহজ কৰাৰ বাবে দেশত চলি থকা অভিযানৰ দিশত আন এক ডাঙৰ পদক্ষেপ। এইটো কেৱল এটা বিশেষ বেংকিং প্ৰণালী যিয়ে নিম্নতম ডিজিটেল আন্তঃগাঁথনিৰ পৰা সৰ্বাধিক সেৱা প্ৰদান কৰিবলৈ কাম কৰিব। এই সেৱাবোৰ কাগজত লিখা আৰু অসুবিধাৰ পৰা মুক্ত হ'ব, আৰু আগতকৈ সহজ হ'ব। অৰ্থাৎ, এইবোৰৰ বিশেষ সুবিধা থাকিব, আৰু লগতে এক শক্তিশালী ডিজিটেল বেংকিং সুৰক্ষা থাকিব। যেতিয়া এজন ব্যক্তিয়ে এখন গাঁৱত, সৰু চহৰত ডিজিটেল বেংকিং ইউনিট এটাৰ পৰা সেৱা ল’ব, ধন প্ৰেৰণৰ পৰা ঋণ লোৱালৈকে সকলোবোৰ সহজ হৈ পৰিব, অনলাইনতে হৈ যাব। কল্পনা কৰক, এসময়ত যেতিয়া এজন গাওঁবাসী, আমাৰ গাঁৱৰ নাগৰিক, এজন দৰিদ্ৰ ব্যক্তিয়ে সৰু বেংকিং সেৱাৰ বাবে সংগ্ৰাম কৰিব লগা হৈছিল, এইটো তেওঁৰ বাবে এটা ডাঙৰ কাৰ্য আছিল। কিন্তু আজি অতি সহজে তেওঁ এই পৰিৱৰ্তনৰ বাবে সুখী হ'ব, তেওঁ উৎসাহিত হ'ব। বন্ধুসকল, আমাৰ চৰকাৰৰ লক্ষ্য হৈছে ভাৰতৰ সাধাৰণ মানুহক সৱলীকৃত কৰা। সেয়েহে, আমি সমাজৰ অন্তিম স্তৰত থিয় হৈ থকা ব্যক্তিজনৰ কথা মনত ৰাখি নীতি প্ৰস্তুত কৰিছিলো আৰু সমগ্ৰ চৰকাৰে তেওঁৰ সুবিধা আৰু প্ৰগতিৰ পথ অনুসৰণ কৰিছিল। আমি একেলগে দুটা বস্তুৰ ওপৰত কাম কৰিছিলো। প্ৰথমতে, বেংকিং প্ৰণালী উন্নত কৰা, শক্তিশালী কৰা আৰু দ্বিতীয়তে, বিত্তীয় অন্তৰ্ভুক্তি অন্তৰ্ভুক্ত কৰা। বিত্তীয় অন্তৰ্ভুক্তি আগতে কৰা হৈছিল যেতিয়া বৌদ্ধিক আলোচনাচক্ৰ অনুষ্ঠিত হৈছিল। ডাঙৰ পণ্ডিতসকলে বেংকিং ব্যৱস্থা, অৰ্থনীতি, দৰিদ্ৰলোকৰ বিষয়ে কথা পাতিছিল। তেতিয়া স্বাভাৱিকতে বিত্তীয় অন্তৰ্ভুক্তিৰ বিষয়ে আলোচনা হৈছিল, কিন্তু তাত থকা ব্যৱস্থাবোৰ কেৱল ধাৰণাত সীমাবদ্ধ আছিল। প্ৰণালীবোৰ এই বৈপ্লৱিক কামৰ বাবে, বিত্তীয় অন্তৰ্ভুক্তিৰ বাবে, অন্তৰ্ভুক্তিৰ বাবে সাজু নাছিল। আগতে ভবা হৈছিল যে দৰিদ্ৰ সকলে নিজে বেংকলৈ খোজ কাঢ়ি যাব লাগিব, তেওঁলোকক বেংকিং প্ৰণালীৰ সৈতে সংযুক্ত হ'ব। কিন্তু আমি ৰীতি-নীতি সলনি কৰিলোঁ। আমি সিদ্ধান্ত লৈছিলো যে বেংকবোৰে নিজেই দৰিদ্ৰলোকৰ ঘৰলৈ খোজ কাঢ়ি আহিব। ইয়াৰ বাবে, আমি প্ৰথমে দৰিদ্ৰ আৰু বেংকৰ মাজৰ দূৰত্ব হ্ৰাস কৰিব লাগিব। আমি শাৰীৰিক দূৰত্ব আৰু আটাইতকৈ ডাঙৰ বাধাও হ্ৰাস কৰিছিলো, আমি সেই মানসিক দূৰত্বও হ্ৰাস কৰিছিলো। আমি দূৰৱৰ্তী প্ৰতিটো পৰিয়াললৈ বেংকিং সেৱা লৈ যোৱাত সৰ্বাধিক অগ্ৰাধিকাৰ দিছিলো। আজি, ভাৰতৰ ৯৯ শতাংশতকৈও অধিক গাঁৱত ৫ কিলোমিটাৰ পৰিসৰৰ ভিতৰত কিছুমান বেংক শাখা, বেংকিং আউটলেট বা বেংকিং বন্ধু, বেংকিং সংবাদদাতা আছে। ইয়াৰ উপৰিও, দেশৰ ডাকঘৰসমূহৰ বিস্তৃত নেটৱৰ্ক, আজি তেওঁলোক ইণ্ডিয়া পোষ্ট বেংকৰ জৰিয়তে বেংকিংৰ মূলসুঁতিৰ অংশ হৈ পৰিছে। আজি, প্ৰতি এক লাখ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ বাবে দেশখনত বেংক শাখাৰ সংখ্যা জাৰ্মানী, চীন আৰু দক্ষিণ আফ্ৰিকাৰ এনে দেশতকৈ অধিক। বন্ধুসকল, আমি সাধাৰণ মানুহৰ জীৱনধাৰণৰ মানদণ্ড সলনি কৰাৰ সংকল্প লৈ অহৰ্নিশে কাম কৰি আছো। আমাৰ সংকল্প হৈছে প্ৰণালীবোৰ উন্নত কৰা, আমাৰ সংকল্প হৈছে স্বচ্ছতা অনা। আমাৰ সংকল্প হৈছে অন্তিম শাৰীত থকা ব্যক্তিজনৰ ওচৰলৈ যোৱা। যেতিয়া আমি জন ধন একাউণ্ট অভিযান আৰম্ভ কৰিছিলো, কিছুমানে কৈছিল যে দৰিদ্ৰসকলে বেংক একাউণ্টৰ সৈতে কি কৰিব? আনকি এই ক্ষেত্ৰৰ বহু বিশেষজ্ঞই বুজিব পৰা নাছিল যে এই অভিযানৰ তাৎপৰ্য কি আছিল। কিন্তু বেংক একাউণ্টৰ শক্তি কি, সমগ্ৰ দেশে আজি দেখিছে। মোৰ দেশৰ সাধাৰণ নাগৰিকে অভিজ্ঞতা লাভ কৰিছে। বেংক একাউণ্টৰ বাবে, আমি দৰিদ্ৰ লোকসকলক অতি কম প্ৰিমিয়ামত বীমা সুবিধা প্ৰদান কৰিছিলো। বেংক একাউণ্টৰ শক্তিৰ সৈতে সংযোগ কৰাৰ পিছত, দৰিদ্ৰ লোকসকলৰ বাবে গেৰাণ্টি অবিহনে ঋণ লাভ কৰাৰ পথ মুকলি কৰা হৈছিল। বেংক একাউণ্ট থকাৰ বাবে, ৰাজসাহায্যৰ ধন দৰিদ্ৰ হিতাধিকাৰীসকলৰ ওচৰলৈ পোনপটীয়াকৈ তেওঁলোকৰ একাউণ্টলৈ গৈছিল। বেংক একাউণ্টৰ জৰিয়তে দৰিদ্ৰ সকলে ঘৰ, শৌচালয় নিৰ্মাণ কৰিছে, গেছৰ ৰাজসাহায্য লাভ কৰিছে, তেওঁলোকে পোনপটীয়াকৈ তেওঁলোকৰ একাউণ্টত ধন লাভ কৰিছে। বেংক একাউণ্টৰ বাবে সকলো চৰকাৰী আঁচনিৰ ধন কৃষকসকল সহজে লাভ কৰিছে। আৰু যেতিয়া ক’ৰোনা মহামাৰী আহিছিল, দৰিদ্ৰ লোকসকলৰ বেংক একাউণ্টলৈ, মাতৃ আৰু ভগ্নীৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ ধন স্থানান্তৰ কৰা হৈছিল। বেংক একাউণ্টৰ বাবে, আমাৰ পদপথৰ ভাই-ভনীসকলৰ বাবে স্বনিধি আঁচনিও আৰম্ভ কৰা হৈছিল। একে সময়তে, আনকি উন্নত দেশবোৰেও এই কামত অসুবিধাৰ সন্মুখীন হৈছিল। আপোনালোকে নিশ্চয় শুনিছে, অলপতে – আইএমএফে ভাৰতৰ ডিজিটেল বেংকিং আন্তঃগাঁথনিৰ প্ৰশংসা কৰিছে। ইয়াৰ কৃতিত্ব ভাৰতৰ দৰিদ্ৰ লোকসকলৰ, ভাৰতৰ কৃষক সকলৰ আৰু ভাৰতৰ শ্ৰমিকসকলৰ, যিসকলে সাহস, বুজাবুজিৰে নতুন প্ৰযুক্তি গ্ৰহণ কৰিছিল, তেওঁলোকক ইয়াক জীৱনৰ অংশ কৰি তুলিছিল। বন্ধুসকল, যেতিয়া বিত্তীয় অংশীদাৰীত্ব ডিজিটেল অংশীদাৰিত্বৰ সৈতে সম্পৰ্কিত হয়, সম্ভাৱনাৰ এক নতুন পৃথিৱী মুকলি হ'বলৈ আৰম্ভ কৰে। আমাৰ সন্মুখত ইউপিআইৰ দৰে এটা ডাঙৰ উদাহৰণ আছে। আৰু ভাৰতে ইয়াক লৈ গৌৰৱ কৰে। ইউপিআই হৈছে বিশ্বৰ এনে ধৰণৰ প্ৰথম প্ৰযুক্তি। কিন্তু ভাৰতত, আপুনি ইয়াক চহৰৰ পৰা গাওঁ, শ্ব'ৰুম বা পাচলিৰ গাড়ীলৈকে সকলো ঠাইতে দেখিব পাৰে। ইউপিআই-ৰ লগতে, এতিয়া 'ৰুপে কাৰ্ড'ৰ শক্তিও দেশৰ সাধাৰণ মানুহৰ হাতত আছে। এটা সময় আছিল যেতিয়া ক্ৰেডিট বা ডেবিট কাৰ্ডক এক অভিজাত প্ৰণালী বুলি গণ্য কৰা হৈছিল। ইয়াক বৃহত্তৰ সমাজৰ অভিজাত সকলৰ ব্যৱস্থা বুলি গণ্য কৰা হৈছিল। কাৰ্ডবোৰো বিদেশী আছিল, সেইবোৰ ব্যৱহাৰ কৰা খুব কম লোক আছিল, আৰু সেইবোৰ একেটা নিৰ্বাচিত স্থানত ব্যৱহাৰ কৰা হৈছিল। কিন্তু, আজি, ৭০ কোটিতকৈও অধিক ৰূপে কাৰ্ড ভাৰতৰ সাধাৰণ মানুহৰ সৈতে আছে। আজি সমগ্ৰ বিশ্বতে ভাৰতৰ স্বদেশী ৰূপে কাৰ্ড গ্ৰহণ কৰা হৈছে। প্ৰযুক্তি আৰু অৰ্থনীতিৰ এই সংমিশ্ৰণে এফালে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ মৰ্যাদাক যথেষ্ট শক্তি প্ৰদান কৰিছে। একে সময়তে ই দেশৰ ডিজিটেল বিভাজনৰো সমাপ্তি ঘটাইছে। বন্ধুসকল, साथियों, J অৰ্থাৎ জন ধন, আধাৰ আৰু মোবাইলৰ ত্ৰিশক্তিয়েও একেলগে এটা ডাঙৰ ৰোগৰ চিকিৎসা কৰিছে। এই ৰোগটো হৈছে দুৰ্নীতিৰ ৰোগ। টকা ওপৰে ওপৰে চলিছিল, কিন্তু দৰিদ্ৰলোকৰ ওচৰ পোৱাৰ লগে লগে নাইকিয়া হৈ গৈছিল। কিন্তু, এতিয়া প্ৰত্যক্ষ লাভালাভ স্থানান্তৰ অৰ্থাৎ ডিবিটি-ৰ জৰিয়তে, টকাবোৰ তেওঁলোকৰ একাউণ্টত সোমাইছে। এতিয়ালৈকে, বিভিন্ন আঁচনিত ডিবিটিৰ জৰিয়তে ২৫ লাখ কোটি টকাৰো অধিক স্থানান্তৰ কৰা হৈছে, আৰু কাইলৈও, মই কাইলৈ দেশৰ কোটি কোটি কৃষকলৈ একেধৰণৰ দুই হাজাৰ টকাৰ কিস্তি প্ৰেৰণ কৰিম। ভাতৃ আৰু ভগ্নীসকল, আজি সমগ্ৰ বিশ্বই ভাৰতৰ এই ডিবিটি আৰু ডিজিটেল শক্তিক প্ৰশংসা কৰিছে। আমি আজি ইয়াক এক গোলকীয় আৰ্হি হিচাপে প্ৰত্যক্ষ কৰিছো। বিশ্ব বেংকে এতিয়া আনকি কৈছে যে ডিজিটাইজেচনৰ জৰিয়তে সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰতে নেতৃত্ব প্ৰদান কৰিছে। আনকি প্ৰযুক্তি জগতৰ আটাইতকৈ সফল লোকসকলেও ভাৰতৰ এই ব্যৱস্থাক প্ৰশংসা কৰিছে, তেওঁলোকে নিজেই ইয়াৰ সফলতাত আচৰিত হৈছে। ভাতৃ আৰু ভগ্নীসকল, কল্পনা কৰক, যেতিয়া ডিজিটেল অংশীদাৰীত্ব আৰু অৰ্থনৈতিক অংশীদাৰীত্বৰ এনে শক্তি থাকে, আমি দুয়োটাৰ ১০০ শতাংশ ক্ষমতা ব্যৱহাৰ কৰি আমাৰ দেশক কিমান উচ্চতালৈ লৈ যাব পাৰোঁ? সেয়েহে, আজি ফিনটেকে ভাৰতৰ নীতি, ভাৰতৰ প্ৰচেষ্টাৰ কেন্দ্ৰবিন্দু আৰু ভৱিষ্যতক দিশ প্ৰদান কৰিছে। ডিজিটেল বেংকিং ইউনিটবোৰে ফিনটেকৰ এই সামৰ্থ্যক এক নতুন সম্প্ৰসাৰণ দিব। যদি জন ধন একাউণ্টে দেশত বিত্তীয় অন্তৰ্ভুক্তিৰ আধাৰ স্থাপন কৰিছিল, তেন্তে ফিনটেক সেই বিত্তীয় বিপ্লৱৰ আধাৰ হ'ব। বন্ধুসকল, শেহতীয়াকৈ, ভাৰত চৰকাৰে ব্লকচেইন প্ৰযুক্তিৰ ওপৰত আধাৰিত কৰি ডিজিটেল মুদ্ৰা মুকলি কৰাৰ কথাও ঘোষণা কৰিছে। আগন্তুক সময়ত, ডিজিটেল মুদ্ৰা হওক, বা আজিৰ সময়ত ডিজিটেল লেনদেন হওক, অৰ্থনীতিৰ বাহিৰেও, সেইবোৰৰ সৈতে বহুতো গুৰুত্বপূৰ্ণ দিশ জড়িত আছে। উদাহৰণ স্বৰূপে, মুদ্ৰা মুদ্ৰণৰ পৰা দেশৰ ধন ৰাহি হয়। আমি বিদেশৰ পৰা মুদ্ৰাৰ বাবে কাগজ আৰু চিয়াঁহী আমদানি কৰোঁ। ডিজিটেল অৰ্থনীতিৰ জৰিয়তে, আমি ইয়াকো পৰিহাৰ কৰি আছো। মই ইয়াক অন্য ধৰণে স্বাৱলম্বী ভাৰতত আমাৰ এবিআইবোৰৰ ভাৰতৰ বেংকিং খণ্ডৰ এক বৃহৎ অৱদান বুলি বিবেচনা কৰোঁ । একে সময়তে, কাগজৰ ব্যৱহাৰ হ্ৰাস কৰিলে পৰিৱেশৰ বাবেও এক ডাঙৰ লাভালাভ হ'ব। বন্ধুসকল, বেংকিং আজি বিত্তীয় লেনদেনৰ বাহিৰত 'সুশাসন' আৰু 'উন্নত সেৱা প্ৰদান'ৰ মাধ্যম হৈ পৰিছে। আজি এই ব্যৱস্থাই ব্যক্তিগত খণ্ড আৰু ক্ষুদ্ৰ উদ্যোগসমূহৰ বিকাশৰ অপৰিসীম সম্ভাৱনাৰ জন্ম দিছে। আজি, ভাৰতত এনে কোনো ক্ষেত্ৰ নাই য'ত প্ৰযুক্তিৰ জৰিয়তে সামগ্ৰী আৰু সেৱা প্ৰদান এক নতুন ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰ হৈ পৰা নাই। আপুনি দেখিছে, আজি যদি আপোনাক বংগৰ পৰা মৌৰ প্ৰয়োজন হয়, বা আপোনাক অসমৰ পৰা বাঁহৰ সামগ্ৰীৰ প্ৰয়োজন হয়, যদি আপোনাক কেৰালাৰ পৰা বনৌষধিৰ প্ৰয়োজন হয়, বা স্থানীয় ৰেষ্টুৰেণ্টৰ পৰা খোৱাৰ বাবে প্ৰিয় কিবা অৰ্ডাৰ দিয়ে, বা, আপোনাক আইনী পৰামৰ্শ, স্বাস্থ্যৰ বাবে যিকোনো পৰামৰ্শৰ প্ৰয়োজন, বা গাঁৱত বহি থকা এজন যুৱকে চহৰখনৰ এজন শিক্ষকৰ পৰা শ্ৰেণী ল'বলগীয়া হয়! ডিজিটেল ইণ্ডিয়াই কেইবছৰমান আগতে আমি কল্পনা কৰিব নোৱাৰা এই সকলোবোৰ সম্ভৱ কৰি তুলিছে। বন্ধুসকল, ডিজিটেল অৰ্থনীতি আজি আমাৰ অৰ্থনীতি, আমাৰ ষ্টাৰ্টআপ বিশ্ব, মেক ইন ইণ্ডিয়া আৰু স্বাৱলম্বী ভাৰতৰ এক বৃহৎ শক্তি। আজি আমাৰ ক্ষুদ্ৰ উদ্যোগসমূহেও আমাৰ এমএছএমই জিইএম প্ৰণালীৰ জৰিয়তে চৰকাৰী নিবিদাত অংশগ্ৰহণ কৰিছে। তেওঁলোকে নতুন ব্যৱসায়ৰ সুযোগ লাভ কৰিছে। এতিয়ালৈকে, জিইএম-ত ২.৫ লাখ কোটি টকাৰ অৰ্ডাৰ দিয়া হৈছে। আপুনি মূল্যাংকন কৰিব পাৰে যে ই দেশৰ স্থানীয় অৰ্থনীতিক কিমান লাভান্বিত কৰিছে। ডিজিটেল বেংকিং ইউনিটৰ জৰিয়তে, এতিয়া এই দিশত আৰু বহুতো নতুন সুযোগ সৃষ্টি কৰা হ'ব। আমি এই দিশত উদ্ভাৱন কৰিব লাগিব, নতুন চিন্তাধাৰাৰে নতুন সুযোগক স্বাগতম জনাব লাগিব। বন্ধুসকল, যিকোনো দেশৰ অৰ্থনীতি বেংকিং ব্যৱস্থাৰ দৰেই শক্তিশালী। আজি ভাৰতৰ অৰ্থনীতি এক ধাৰাবাহিকতাৰে আগবাঢ়িছে। এয়া সম্ভৱ কিয়নো এই ৮ বছৰত, দেশখন ২০১৪ চনৰ পূৰ্বে ফোন বেংকিং প্ৰণালীৰ পৰা ডিজিটেল বেংকিঙলৈ স্থানান্তৰিত হৈছে। ২০১৪ চনৰ পূৰ্বে ফোন বেংকিং, আপোনালোকে ভালদৰে গম পাইছে আৰু বুজি পাইছে! বেংকবোৰে ওপৰৰ পৰা ফোন পাইছিল, আৰু বেংকবোৰ কেনেদৰে কাম কৰিব লাগে, কাক টকা দিব লাগে সেই সিদ্ধান্ত তেওঁলোকে লৈছিল! এই ফোন বেংকিং ৰাজনীতিয়ে বেংকসমূহক অসুৰক্ষিত কৰি তুলিছিল, দেশৰ অৰ্থনীতিক গাঁতলৈ নিক্ষেপ কৰিছিল, হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ নিৰন্তৰে খবৰ আহি আছিল। কিন্তু এতিয়া ডিজিটেল বেংকিঙৰ সৈতে সকলোবোৰ স্বচ্ছভাৱে চলি আছে। আমি এনপিএ চিনাক্তকৰণত স্বচ্ছতা অনাৰ দিশত কাম কৰিছো। লাখ লাখ কোটি টকা বেংকিং ব্যৱস্থালৈ ঘূৰি আহিছে। আমি বেংকবোৰক পুনৰ পুঁজিকৰণ কৰিছো, ইচ্ছাকৃত ঋণ ডিফল্টাৰসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছো, দুৰ্নীতি প্ৰতিৰোধ আইনো সংস্কাৰ কৰিছো। আইবিচিৰ সহায়ত এনপিএ সম্পৰ্কীয় সমস্যা সমাধান ত্বৰান্বিত কৰা হৈছে। আমি ঋণৰ বাবে প্ৰযুক্তি আৰু বিশ্লেষণৰ ব্যৱহাৰৰ প্ৰচাৰ কৰিছো, যাতে এক স্বচ্ছ আৰু বৈজ্ঞানিক প্ৰণালী সৃষ্টি কৰিব পৰা যায়। বেংকৰ একত্ৰীকৰণৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ নীতিগত পক্ষাঘাতৰ ভুক্তভোগী আছিল, দেশখনে সেইবোৰ সমানে শক্তিশালী কৰিছে। আজি আপোনালোকে সিদ্ধান্ত লৈছে, পদক্ষেপ লৈছে। আজি, সিদ্ধান্তবোৰৰ ফলাফল আমাৰ সন্মুখত আছে। বিশ্বই প্ৰশংসা কৰিছে। ডিজিটেল বেংকিং ইউনিট আৰু ফিনটেকৰ অভিনৱ ব্যৱহাৰৰ দৰে নতুন আৰম্ভণিৰ জৰিয়তে, এতিয়া বেংকিং প্ৰণালীৰ বাবে এক নতুন স্ব-চালিত প্ৰণালী সৃষ্টি কৰা হৈছে। ভাতৃ আৰু ভগ্নীসকল, এইটো দেশৰ বাবে এটা ডাঙৰ আৰম্ভণি হ'ব পাৰে। মই অনুৰোধ কৰিব পাৰোঁ, কোনেও আইন প্ৰস্তুত কৰিব নোৱাৰে, ইয়াৰ বাবে নিয়ম প্ৰস্তুত কৰিব নোৱাৰে, আৰু যেতিয়া আপোনালোকে ইয়াৰ সুবিধাবোৰ দেখিব, তেতিয়া মই কাকো পুনৰ ১০০ক ২০০ কৰিবলৈ সৈমান কৰিব নালাগিব। বন্ধুসকল, প্ৰতিটো শাখাই ১০০ জন ব্যৱসায়ী যোগ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে। আজি, জন ধন একাউণ্ট সফল হৈছে। ইয়াৰ মুখ্য কাৰণ হৈছে বেংকৰ শাখাত বহি থকা আমাৰ সৰু সতীৰ্থসকল। আমাৰ কৰ্মচাৰীসকলৰ সেই সময়ত তেওঁলোকে কৰা কঠোৰ পৰিশ্ৰম, যি সকলে দৰিদ্ৰলোকৰ কুটিৰলৈ গৈছিল। শনিবাৰে আৰু দেওবাৰেও কাম কৰিছিল। সেই কাৰণে, জন ধন সফল হৈছিল। সেই সময়ত, দেশখনে বেংকৰ শক্তি দেখিছিল আৰু সহকৰ্মীসকলে জন ধনক সফল কৰি তুলিছিল। আজি যিসকলে বেংকৰ প্ৰণালীৰ সৈতে জড়িত, যিসকলে শাখা পৰিচালনা কৰে, তেওঁলোকে তেওঁলোকৰ এলেকাত তেওঁলোকৰ বেংকৰ কমাণ্ড এলেকাৰ ১০০ জন ব্যৱসায়ীক অনুপ্ৰাণিত কৰক, শিক্ষিত কৰক আৰু তেওঁলোকক জড়িত কৰক। আপোনালোকে এটা ডাঙৰ বিপ্লৱৰ নেতৃত্ব দিব পাৰিব। মই নিশ্চিত যে এই পদক্ষেপে আমাৰ বেংকিং ব্যৱস্থা আৰু অৰ্থনীতিক এনে এক বিন্দুলৈ লৈ যাব যি ভৱিষ্যতৰ বাবে সাজু আৰু বিশ্ব অৰ্থনীতিক নেতৃত্ব দিয়াৰ ক্ষমতা থাকিব। এই শুভকামনাৰ সৈতে, মই ভাৰতৰ বিত্ত মন্ত্ৰী, ভাৰতৰ বিত্ত মন্ত্ৰালয়, আমাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ, আৰবিআই দল, আমাৰ বেংকিং খণ্ডৰ সৈতে জড়িত সকলো ক্ষুদ্ৰ বন্ধুলৈ অভিনন্দন জনাইছো। কাৰণ আপোনালোকে দেশক এটা ডাঙৰ উপহাৰ দিছে। আৰু দেশৰ জনসাধাৰণক দিয়া এই মূল্যৱান উপহাৰৰ বাবে, দেৱালীৰ পূৰ্বে এই গুৰুত্বপূৰ্ণ উপহাৰ আৰু স্বাধীনতাৰ ৭৫ বছৰ আৰু ৭৫ টা ডিজিটেল বেংকিং ইউনিট নিজেই এক সুখদায়ক কাকতালীয় ঘটনা। অশেষ শুভকামনা থাকিল, আপোনালোকক অশেষ ধন্যবাদ!
৭৫ খন জিলাত ৭৫ টা ডিজিটেল বেংকিং ইউনিট দেশবাসীলৈ উৎসৰ্গা কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%8D%E0%A6%AF-%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%83%E0%A6%97%E0%A6%BE%E0%A6%81%E0%A6%A5%E0%A6%A8%E0%A6%BF%E0%A6%AE%E0%A7%81%E0%A6%B2%E0%A6%95-%E0%A6%96-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%8D%E0%A6%AF-%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%83%E0%A6%97%E0%A6%BE%E0%A6%81%E0%A6%A5%E0%A6%A8%E0%A6%BF%E0%A6%AE%E0%A7%81%E0%A6%B2%E0%A6%95-%E0%A6%96-2/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে মুখ্য আন্তঃগাঁথনিমুলক খণ্ড যেনে-বিদ্যুৎ, নবীকৰণযোগ্য শক্তি, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, কয়লা আৰু খনিৰ কাম-কাজৰ প্ৰগতিৰ পৰ্যালোচনা কৰে। দুঘণ্টাতকৈ অধিক সময় ধৰি অনুষ্ঠিত পৰ্যালোচনা বৈঠকত আন্তঃগাঁথনিৰ সৈতে জড়িত মন্ত্ৰালয়, নিটী আয়োগ আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। এই উপলক্ষে নিটী আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অমিতাভ কাণ্টে এক প্ৰদৰ্শনযোগে উল্লেখ কৰে যে ভাৰতত স্থাপন কৰা শক্তি উৎপাদন কেন্দ্ৰৰ উৎপাদনক্ষমতা ৩৪৪ গিগাৱাটলৈ বৃদ্ধি পাইছে। ২০১৪ চনত ভাৰতৰ বিদ্যুতৰ নাটনি ৪ শতাংশতকৈ অধিক থকাৰ বিপৰীতে ২০১৮ চনত এই হাৰ ১ শতাংশলৈ হ্ৰাস পাইছে। এই উপলক্ষে কেতবোৰ বিশেষ পদক্ষেপ যেনে-ট্ৰেন্সমিচন লাইন, ট্ৰেন্সফৰ্মাৰৰ সক্ষমতা আৰু আন্তঃআঞ্চলিক ট্ৰেন্সমিচনৰ ব্যৱস্থা কৰা হৈছে। বিশ্ব বেংকৰ “সহজে বিদ্যুৎ লাভ কৰা” সুচকত ভাৰতে ২০১৪ চনৰ ৯৯তম স্থানৰ পৰা ২৬তম স্থানলৈ উন্নীত হৈছে। বৈঠকত ‘সৌভাগ্য’ প্ৰচেষ্টাৰ অধীনত ঘৰে ঘৰে বিদ্যুৎ লাভ কৰাৰ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। আলোচনাত নগৰ আৰু গ্ৰামাঞ্চলত অন্তিমটো সংযোগৰ তথা বিতৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। নব্য আৰু নবীকৰণযোগ্য শক্তি খণ্ডত সামূহিক সংস্থাপন সক্ষমতা প্ৰায় দুগুণ বৃদ্ধিৰে ২০১৩-১৪ৰ ৩৫.৫ গিগাৱাটৰ পৰা ২০১৭-১৮ত ৭০ গিগাৱাট হৈছে। সৌৰ শক্তি সংস্থাপন সক্ষমতা একেটা সময়ত ২.৬ গিগাৱাটৰ পৰা ২২ গিগাৱাট হৈছে। বিষয়াসকলে বিশ্বাসেৰে কয় যে ২০২২ চনৰ ভিতৰত নবীকৰণযোগ্য শক্তি সক্ষমতা ১৭৫ গিগাৱাটৰ বাবে প্ৰধানমন্ত্ৰীৰ লক্ষ্য অনায়াসে উপনীত হ’ব ভাৰত। প্ৰধানমন্ত্ৰীয়ে সৌৰ শক্তি সক্ষমতা বৃদ্ধিৰ জৰিয়তে কৃষকসকলৰ বাবে উপযুক্ত ব্যৱস্থা যেনে-সৌৰ পাম্প আৰু ব্যৱহাৰ উপযোগী সৌৰ ৰন্ধনশৈলীৰ সুবিধা নিশ্চিত কৰিবলৈ বিষয়াসকলক আহ্বান জনায়। উল্লেখ যে চলিত বিত্তীয় বৰ্ষত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ খণ্ডত প্ৰধানমন্ত্ৰী উজ্জ্বালা যোজনাৰ অধীনত ধাৰ্য কৰা লক্ষ্যত উপনীত হৈছে। কয়লা খণ্ডৰ সন্দৰ্ভত হোৱা আলোচনাত অধিক উৎপাদনৰ ব্যৱস্থা কৰাৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হয়।
মুখ্য আন্তঃগাঁথনিমুলক খণ্ড শক্তি আৰু খনিৰ কাম-কাজৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%96%E0%A7%87%E0%A6%B2%E0%A7%8B-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%87%E0%A6%89%E0%A6%A8%E0%A6%BF%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%9B%E0%A6%BF%E0%A6%9F/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%96%E0%A7%87%E0%A6%B2%E0%A7%8B-%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%87%E0%A6%89%E0%A6%A8%E0%A6%BF%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%9B%E0%A6%BF%E0%A6%9F/
নমস্কাৰ! খেলো ইণ্ডিয়া ইউনিভাৰছিটী গেমছৰ বাবে আপোনালোক সকলোকে বহুত-বহুত অভিনন্দন। বেংগালুৰু চহৰ নিজেই দেশৰ যুৱ উদ্দীপনাৰ পৰিচয়। বেংগালুৰু প্ৰফেচনেলসকলৰ মান সন্মান আৰু সমৃদ্ধি। ডিজিটেল ইণ্ডিয়াযুক্ত বেংগালুৰুত খেলো ইণ্ডিয়াৰ আহ্বান নিজস্বভাৱেই বিশেষ। ষ্টাৰ্ট-আপছৰ জগতত স্পৰ্টছৰ এই সংগম অদ্ভুত। বেংগালুৰুত খেলো ইণ্ডিয়া ইউনিভাৰছিটী গেমছ হোৱাটোৱে, এই ধুনীয়া চহৰখনৰ শক্তি আৰু বঢ়াব আৰু দেশৰ নজোৱানেও ইয়াৰ পৰা নতুন শক্তি লৈ উভতিব। মই কৰ্ণাটকৰ চৰকাৰক এই খেলৰ আয়োজন কৰা বাবে অভিনন্দন জনাইছো। গ্লোবেল পেণ্ডেমিকৰ অত্যন্ত প্ৰত্যাহ্বানৰ মাজত এই খেল ভাৰতৰ যুৱক-যুৱতীসকলৰ দৃঢ় সংকল্প আৰু উৎসাহৰ উদাহৰণ। মই আপোনালোকৰ এই প্ৰয়াসক, এই উদ্যমক ছেলুট কৰিছো। এই যুৱ উদ্যমে আজি দেশক প্ৰতিটো ক্ষেত্ৰত নতুন গতিৰে আগবঢ়াই নিছে। মোৰ নজোৱান বন্ধুসকল, সফল হোৱাৰ প্ৰথম মন্ত্ৰ হৈছে- টীম স্পিৰিট! স্পৰ্টছৰ পৰা আমি এই টীম স্পিৰিটেই শিকিবলৈ পাওঁ। খেলো ইণ্ডিয়া ইউনিভাৰছিটী গেমছতো আপোনালোকে ইয়াক সক্ষাৎ অনুভৱ কৰিব। এই টীম স্পিৰিটেই আপোনালোকক জীৱনক চোৱাৰ এটা নতুন দৃষ্টিও দিয়ে। খেলত জয়ৰ অৰ্থ হৈছে- হলিষ্টিক এপ্ৰ'চ! ১০০ শতাংশ সমৰ্পণ! প্ৰতিটো দিশত প্ৰয়াস, আৰু এশ শতাংশ প্ৰয়াস! আপোনালোকৰ মাজৰে কোনোবা খেলুৱৈ ওলাব যি আগলৈ ৰাজ্য স্তৰত খেলিব। আপোনালোকৰ মাজৰে কোনোবা যুৱক-যুৱতীয়ে আগলৈ ইণ্টাৰনেচনেল লেভেলত দেশক প্ৰতিনিধিত্ব কৰিব। ক্ৰীড়া ক্ষেত্ৰৰ আপোনালোকৰ এই প্ৰাপ্তিয়ে আপোনালোকক জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সহায় কৰিব। ক্ৰীড়া, সঁচা অৰ্থত জীৱনৰ আচল ছাপোৰ্ট ছিষ্টেম। যি শক্তিয়ে , যি শিক্ষাই আপোনালোকক ক্ৰীড়াত আগবঢ়াই নিয়ে, সিয়েই আপোনালোকক জীৱনতো আগবঢ়াই নিয়ে। ক্ৰীড়া আৰু জীৱন, দুয়োটাতে উদ্যমৰ, উৎসাহৰ, passionৰ মহত্ব আছে। ক্ৰীড়া আৰু জীৱন, দুয়োটাতে যি প্ৰত্যাহ্বানক আকোৱালি লয়, তেঁৱেই তো বিজেতা হয়। ক্ৰীড়া আৰু জীৱন, দুয়োটাতে পৰাজয়ো জয় হয়, পৰাজয়ো শিক্ষা হয়। ক্ৰীড়া আৰু জীৱন, দুয়োটাতে সততাই আপোনালোকক বহুত আগলৈ লৈ যায়। ক্ৰীড়া আৰু জীৱন, দুয়োটাতে প্ৰতিটো পলৰ মহত্ব আছে বৰ্তমান পলৰ অধিক মহত্ব আছে, এই পলত জীয়াই থকা, এই পলত কিবা কৰি অতিক্ৰম কৰাৰ মহত্ব আছে। জয় সাব্যস্ত কৰাৰ পাৰদৰ্শিতা আৰু পৰাজয়ৰ পৰা শিকাৰ কলা, জীৱনৰ প্ৰগতিৰ সবাতোকৈ মূল্যবান অংগ। আৰু ইয়াক আমি খেলপথাৰত খেলি-খেলি শিকি পেলাওঁ। খেলত যেতিয়া এফালে শৰীৰ শক্তিৰে ভৰি পৰে, খেলুৱৈৰ একশ্যনত তীব্ৰতা পৰিলক্ষিত হয়। সেই সময়ত ভাল খেলুৱৈৰ মস্তিষ্ক শান্ত হৈ থাকে, ধৈৰ্য ভৰি থাকে। ই জীৱন জীয়াৰ বহুত ডাঙৰ কলা। বন্ধুসকল, আপোনালোক নতুন ভাৰতৰ যুৱক-যুৱতী। আপোনালোক এক ভাৰত-শ্ৰেষ্ঠ ভাৰতৰ ধ্বজাবাহকো। আপোনালোকৰ যুৱ চিন্তাধাৰা আৰু আপোনালোকৰ যুৱ এপ্ৰ'চে আজি দেশৰ নীতিৰাজি নিৰ্ধাৰণ কৰি আছে। আজি যুৱক-যুৱতীসকলে ক্ৰীড়াক পুৰণা চিন্তাধাৰাৰ বান্ধোনৰ পৰা মুক্ত কৰিলে। নতুন শিক্ষা নীতিত ক্ৰীড়াৰ ওপৰত জোৰ দিয়া হওক, বা আকৌ আধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰ নিৰ্মাণ, খেলুৱৈৰ বাছনিত স্বচ্ছতা হওক, বা আকৌ ক্ৰীড়াত আধুনিক প্ৰযুক্তিৰ বৰ্ধিত প্ৰয়োগ, এয়াই হৈছে নতুন ভাৰতৰ পৰিচয়। ভাৰতৰ যুৱক-যুৱতীসকলৰ আকাংক্ষা, তেওঁলোকৰ আশা, নতুন ভাৰতৰ নিৰ্মাণৰ আধাৰ হৈ পৰিছে। এতিয়া দেশত নতুন Sports Science Centres স্থাপিত হৈ আছে। এতিয়া দেশত dedicated sports universities হৈ আছে। এয়া আপোনালোকৰ সুচলতাৰ বাবে, আপোনালোকৰ সপোন পূৰণ কৰিবৰ বাবে। বন্ধুসকল, ক্ৰীড়াৰ ক্ষমতাই দেশৰ ক্ষমতা বঢ়ায়। ক্ৰীড়াত পৰিচয়ে দেশৰ পৰিচয় বঢ়ায়। মোৰ আজিও মনত আছে, যেতিয়া মই টকিঅ' অলিম্পিকৰ পৰা উভতি অহা খেলুৱৈৰ সৈতে লগ হৈছিলো। তেওঁলোকৰ চেহেৰাত নিজৰ জয়তকৈ বেছি, দেশৰ বাবে জিকাৰ গৌৰৱ আছিল। দেশৰ জয়ৰ পৰা পোৱা আনন্দৰ কোনো প্ৰতিদ্বন্দ্বিতা নহয়। আপোনালোকেও আজি কেৱল নিজৰ বাবে বা নিজৰ পৰিয়ালৰ বাবে খেলা নাই। এয়া ইউনিভাৰছিটী গেমছ হ'বপাৰে কিন্তু এইবুলি ভাবি খেলক যে আপোনালোকে দেশৰ বাবে খেলি আছে, দেশৰ বাবে আপোনাৰ ভিতৰত এজন উত্তম খেলুৱৈ সৃষ্টি কৰি আছে। এই উদ্যমেই আপোনাক আগবঢ়াই নিব। এই ভাবনাই আপোনাক খেলপথাৰত জিকাব আৰু মেডেলো দিয়াব। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপোনালোক সকলো যুৱ বন্ধুসকলে খুব খেলিব, খুব ফুলিব। এই বিশ্বাসেৰেই, দেশজুৰি অহা আপোনালোক সকলো যুৱ বন্ধুসকলক আকৌ এবাৰ বহুত বহুত শুভকামনা, ধন্যবাদ।
খেলো ইণ্ডিয়া ইউনিভাৰছিটী গেমছ উদ্বোধনত প্ৰধানমন্ত্ৰীৰ বাৰ্ত
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AA-%E0%A6%9C%E0%A7%81%E0%A6%B2%E0%A6%BE%E0%A6%87%E0%A6%A4-%E0%A6%89%E0%A6%97%E0%A6%BE%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BE%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A7%B1%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AA-%E0%A6%9C%E0%A7%81%E0%A6%B2%E0%A6%BE%E0%A6%87%E0%A6%A4-%E0%A6%89%E0%A6%97%E0%A6%BE%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BE%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A7%B1%E0%A6%BE/
মহামান্য ৰাষ্ট্ৰপতি মাছেভেনী মহোদয়, তেওঁৰ সহধৰ্মিনী জানেট মাছেভেনী মহাশয়া আৰু ইয়াত গোট খোৱা মোৰ মৰমৰ ভাই–ভনীসকল৷ আপোনালোক সকলোৰে সৈতে মোৰ এক আত্মিক সম্পৰ্ক আছে৷ মই আপোনোলোকৰ পৰিয়ালৰে এগৰাকী সদস্য৷ সেয়ে এইদৰে আপোনালোকৰ সাক্ষাৎ লাভ কৰি মই আনন্দিত৷ আমাৰ এই সাক্ষাতক অধিক গৰিমামণ্ডিত কৰি তুলিবলৈ আজি উপস্থিত আছে স্বয়ং ৰাষ্ট্ৰপতি মহোদয়। তেওঁৰ এই উপস্থিতি ১২৫কোটি ভাৰতীয় আৰু উগাণ্ডাত বাস কৰা হাজাৰ হাজাৰ ভাৰতীয়ৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু স্নেহৰ প্ৰতীক। এইবাবে মই ৰাষ্ট্ৰপতি মহোদয়ক হৃদয়ৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো৷ আজি মই ইয়াত আপোনালোকৰ সৈতে মত–বিনিময় কৰিছো আৰু কাইলৈ উগাণ্ডাৰ সংসদক সম্বোধন কৰাৰ সুযোগ লাভ কৰিম৷ আৰু দুদিন পূৰ্বে দিল্লীৰ সংসদত আপোনালোকে মোৰ ভাষণ শুনিবলৈ পাইছিল৷ মই আপোনালোকৰ ওচৰত বহুত কৃতজ্ঞ৷ মোৰ মৰমৰ ভাই–ভনীসকল৷ প্ৰথমবাৰৰ বাবে কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে উগাণ্ডাৰ সংসদক সম্বোধনৰ সুযোগ লাভ কৰিছে৷ এই সন্মানৰ বাবে মই ৰাষ্ট্ৰপতি মহোদয় আৰু উগাণ্ডাৰ জনসাধাৰণক ১২৫ কোটি ভাৰতীয়ৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছো৷ সতীৰ্থসকল, উগাণ্ডালৈ অহা, আপোনালোকক সাক্ষাৎ কৰাতো যিকোনো ভাৰতীয়ৰ বাবে আনন্দ আৰু সুখৰ বিষয়৷ আপোনালোকৰ উৎসাহ, স্নেহ, প্ৰেম, আৱেগে মোক উল্লসিত কৰিছে৷ উগাণ্ডালৈ আহি আপোনালোকৰ সৈতে মত–বিনিময় কৰাৰ সুযোগ মই দ্বিতীয়বাৰৰ বাবে লাভ কৰিছো৷ ১১বছৰ পূৰ্বে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে ইয়ালৈ আহিছিলো আৰু আজি দেশৰ প্ৰধানমন্ত্ৰীৰ ৰূপত আহিছো৷ যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলো, তেতিয়াও আপোনালোকৰ মাজৰ বহুতকে মই লগ পাইছিলো, হেপাঁহ পলুৱাই কথা পতাৰ সুযোগ লাভ কৰিছিলো৷ ইয়াতো মই তেনেকুৱা কিছুমান চিনাকী চেহেৰা দেখিবলৈ পাইছো আৰু মই আনন্দিত যে ৰাষ্ট্ৰপতি মহোদয়ে সকলোকে পৃথকে পৃথকে চিনাকী কৰাই দিছে৷ আপোনালোকৰ সৈতে তেওঁৰ কিমান ঘনিষ্ঠ সম্পৰ্ক, ইয়াৰ পৰাই অনুভৱ কৰিব পাৰি৷ এই সন্মান আপোনালোকে অৰ্জন কৰিছে নিজৰ পৰিশ্ৰম, আচৰণ, চৰিত্ৰৰদ্বাৰা৷ আপোনালোকে ইয়াত লাভ কৰা এই মৰম–চেনেহ সাধাৰণ নহয় আৰু এইবাবেই ভাৰতৰ পৰা অহা তিনিটা–চাৰিটা প্ৰজন্মই এই ভূমিৰ সৈতে আত্মীয়তা গঢ়ি তুলিছে, মৰম–চেনেহেৰে বাস কৰিছে৷ সতীৰ্থসকল, উগাণ্ডাৰ সৈতে ভাৰতৰ সম্পৰ্ক আজিৰ নহয়৷ এই সম্পৰ্ক শতাব্দী পুৰণি৷ আমাৰ মাজত শ্ৰমৰ সম্বন্ধ, শোষণৰ বিৰুদ্ধ যুঁজৰ সম্বন্ধ৷ উগাণ্ডা বিকাশৰ যি ধাৰাত আজি থিয় হৈ আছে, তাৰ বুনিয়াদী মজবুত কৰিছে উগাণ্ডাবাসীৰ কঠোৰ পৰিশ্ৰম আৰু ত্যাগে৷ ইয়াৰ সৈতে ভাৰতীয়সকলৰ ত্যাগ আৰু পৰিশ্ৰমো জড়িত হৈ আছে৷ আপোনালোকৰ মাজৰ বহুতো পৰিয়াল আছে, যিয়ে তিনিটা–চাৰিটা প্ৰজন্ম ধৰি ইয়াত বাস কৰি আছে৷ মই ইয়াত উপস্থিত উদীয়মান যুৱক–যুৱতীসকলক সোঁৱৰাই দিব বিচাৰো যে আজি যি ৰে’লেৰে আপোনালোকে ভ্ৰমণ কৰে, সেয়াই ভাৰত আৰু উগাণ্ডাৰ সম্পৰ্ককো গতি প্ৰদান কৰি আছে৷ যেতিয়া উগাণ্ডা আৰু ভাৰত উভয়ে একেই শক্তিৰ গুলাম আছিল, তেতিয়া আমাৰ পূৰ্বজসকলক ভাৰতৰ পৰা ইয়ালৈ লৈ অহা হৈছিল৷ বন্দুক আৰু চাবুকৰ দামত তেওঁলোকক ৰেলৱে লাইন বহুৱা কামত নিয়োগ কৰা হৈছিল৷ সেই জটিল পৰিস্থিতিত এই মহান ব্যক্তিসকলে উগাণ্ডাৰ ভাই–ভনীসকলৰ সৈতে একেলগে সংগ্ৰাম কৰিছিল৷ উগাণ্ডা স্বাধীন হ’ল, কিন্তু আমাৰ যথেষ্টসংখ্যক পূৰ্বজে ইয়াতে থকাৰ সিদ্ধান্ত ল’লে৷ আজি আপোনোলোক সকলোৱে উগাণ্ডাৰ বিকাশ, ইয়াৰ ব্যৱসায়–বাণিজ্য, কলা–সংস্কৃতি, খেল, সমাজ আদি ক্ষেত্ৰত নিজৰ নিজৰ বৰঙণি আগবঢ়াই আছে৷ ইয়াৰ জিনঝা অঞ্চলত মহাত্মা গান্ধীৰ অস্থি বিসৰ্জন কৰা হৈছিল৷ ইয়াৰ ৰাজনীতিতো অনেক ভাৰতীয়ই সক্ৰিয় যোগদান কৰি আহিছে৷ স্বৰ্গীয় নৰেন্দ্ৰ ভাই পেটেল স্বতন্ত্ৰ উগাণ্ডাৰ সংসদৰ প্ৰথম অনা–ইউৰোপিয়ান অধ্যক্ষ আছিল আৰু সৰ্বসন্মতিক্ৰমে তেওঁক নিৰ্বাচিত কৰা হৈছিল৷ অৱশ্যে এনেকুৱা এক সময়ো আহিছিল যেতিয়া সকলো সমস্যাৰ সন্মুখীন হৈছিল আৰু বহুতো লোকে দেশ এৰি যাবলগীয়া হৈছিল৷ কিন্তু উগাণ্ডা চৰকাৰ আৰু উগাণ্ডাৰ জনসাধাৰণে তেওঁলোকক অন্তৰৰ পৰা যাবলৈ দিয়া নাই৷ মই বিশেষভাৱে ৰাষ্ট্ৰপতি মহোদয় আৰু উগাণ্ডাৰ জনসাধাৰণৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰিছো৷ আপোনালোকৰ মাজৰ অনেক এনেকুৱা লোকো আছে, যাৰ জন্ম ইয়াতে হৈছে, কিছুমানৰ আকৌ ভাৰত দেখাৰ সৌভাগ্যও হোৱা নাই৷ কিছুমানে হয়তো এই কথাও নাজানে যে ভাৰতৰ কোন ৰাজ্য, কোন স্থান, কোন গাঁওৰ পৰা তেওঁলোকৰ পূৰ্বপুৰুষসকল ইয়ালৈ আহিছিল৷ তথাপি আপোনালোকে হৃদয়ত ভাৰতক জীয়াই ৰাখিছে৷ হৃদয়ৰ এটি স্পন্দন যদি উগাণ্ডাৰ বাবে আনটো নিশ্চয় ভাৰতৰ বাবে৷ বিশ্বৰ সন্মুখত আপোনালোকেই সঁচা অৰ্থত ভাৰতৰ ৰাষ্ট্ৰদূত৷ আপোনালোকে ভাৰতৰ কলা–সংস্কৃতি, ভাষা, খাদ্যাভাস আদিক যিধৰণে ধৰি ৰাখিছে, সেয়া সঁচাই প্ৰশংসনীয়৷ এনে উদাহৰণ বহুত কম দেখা যায়, সেয়ে ভাৰতবাসী আপোনালোকক লৈ গৌৰবান্বিত৷ ময়ো আপোনালোকক অভিনন্দন জনাইছো৷ আপোনালোকক প্ৰণাম জনাইছো৷ সতীৰ্থসকল, উগাণ্ডাসহ আফ্ৰিকাৰ আন দেশসমূহ ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ এটা হ’ল—আপোনালোকৰ দৰে বহু ভাৰতীয় ইয়াত বাস কৰে আৰু দ্বিতীয়টো হ’ল—আমি সকলোৱে গুলামীৰ বিৰুদ্ধে যুঁজ দিছিলো৷ একেদৰে তৃতীয় কাৰণটো হ’ল—আমাৰ সকলোৰে সন্মুখত বিকাশৰ একসমান প্ৰত্যাহ্বান আছে৷ পৰস্পৰে–পৰস্পৰৰ সৈতে সুখ–দুখৰ ভাগ–বতৰা কৰা আমাৰ এক দীঘলীয়া ইতিহাস আছে৷ আমি পৰস্পৰৰ পৰা কিবা নহয় কিবা শিকিছো৷ যথাসম্ভৱ আমি পৰস্পৰে–পৰস্পৰক সহায়ৰ হাতো আগবঢ়াই আহিছো৷ আজিও আমি এই অনুভৱ লগত লৈয়ে আগবাঢ়ি আছো৷ আমি উদাণ্ডাৰ সৈতে শক্তিশালী প্ৰতিৰক্ষা সম্বন্ধ বিচাৰো৷ উগাণ্ডাৰ সেনাক আৱশ্যক অনুসৰি ভাৰতত প্ৰশিক্ষণৰ ব্যৱস্থা আমি কৰি আছো৷ উগাণ্ডাৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী এতিয়া ভাৰতত অধ্যয়ন কৰি আছে৷ সতীৰ্থসকল, আপোনালোকৰ বহুতে যেতিয়া ভাৰতৰ পৰা উগাণ্ডা আহিছিল, তেতিয়াৰ ভাৰত আৰু এতিয়াৰ ভাৰতৰ মাজত যথেষ্ট পাৰ্থক্য আছে৷ আজি উগাণ্ডা যেনেকৈ আফ্ৰিকাৰ দ্ৰুত বিকশিত অৰ্থব্যৱস্থা হৈ পৰিছে, ঠিক একেদৰে ভাৰত বিশ্বৰ সবাতোকৈ দ্ৰুত গতিৰে আগবঢ়া অৰ্থব্যৱস্থা হিচাপে চিহ্নিত হৈছে৷ ভাৰতৰ অৰ্থব্যৱস্থাই সমগ্ৰ বিশ্বৰ উন্নয়ন যাত্ৰাক গতি প্ৰদান কৰি আছে৷ মেক ইন ইণ্ডিয়া এতিয়া ভাৰতৰ পৰিচয় হৈ পৰিছে৷ ভাৰতত উৎপাদিত বাহন আৰু স্মাৰ্ট ফোনৰ দৰে অনেক সামগ্ৰী আজি আমি এনেকুৱা দেশত বিক্ৰী কৰি আছো, য’ৰ পৰা পূৰ্বে ভাৰতে আমদানি কৰিছিলো৷ অতি শীঘ্ৰে আপোনালোকে উগাণ্ডাত ক্ৰয় কৰা স্মাৰ্ট ফোনতো ‘মেড ইন ইণ্ডিয়া’ৰ মোহৰ দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে৷ শেহতীয়াকৈ বিশ্বৰ সৰ্ববৃহৎ মোবাইল নিৰ্মাণ কোম্পানীৰ ফাউণ্ডেচন ভাৰতত মুকলি হৈছে৷ দ্ৰুত গতিৰে ভাৰত এতিয়া বিশ্বৰ বাবে নিৰ্মাণ খণ্ডৰ কেন্দ্ৰস্থল হৈ পৰিছে৷ লগতে ডিজিটেল প্ৰযুক্তিক ভাৰতৰ জনসাধাৰণে সৱলীকৰণৰ এক মাধ্যম হিচাপে গ্ৰহণ কৰিছে৷ চৰকাৰৰ সৈতে জড়িত সকলো কাম এটা মোবাইল ফোনত উপলব্ধ হৈছে৷ শিশুৰ জন্মৰ পৰা আৰম্ভ কৰি নাগৰিকৰ মৃত্যুৰ পঞ্জীকৰণলৈ সকলো ব্যৱস্থা ডিজিটেল হৈছে, অনলাইন হৈ উঠিছে৷ দেশৰ প্ৰতিখন ডাঙৰ পঞ্জায়তক ব্ৰ’ডব্ৰেণ্ড ইণ্টাৰনেটেৰে সাঙুৰি লোৱাৰ কাম তীব্ৰতাৰে চলি আছে৷ অকল নিৰ্মাণখণ্ডই নহয়, ষ্টাৰ্ট–আপৰো কেন্দ্ৰস্থল হোৱাৰ দিশে ভাৰত আগবাঢ়িছে৷ বিশ্বৰ য’লৈকে মই যাও, তাতেই কও যে পূৰ্বৰ তুলনাত ভাৰতৰ প্ৰতিচ্ছবি এতিয়া বিশ্বৰ সন্মুখত সলনি হৈছে৷ আমাৰ যুৱ শক্তিয়ে পৌৰাণিক ধাৰণা সলনি কৰি ভাৰতক তথ্য–প্ৰযুক্তিৰ দেশ হিচাপে গঢ়ি তুলিছে৷ আজি ভাৰতবৰ্ষই দেশ আৰু দুনীয়াৰ বাবে হাজাৰ হাজাৰ ষ্টাৰ্ট–আপৰ আৰম্ভণি কৰিছে৷ আপোনালোকে এই কথা জানি গৌৰৱবধ কৰিব যে মাত্ৰ দুবছৰৰ ভিতৰতে দেশত প্ৰায় ১১ হাজাৰ ষ্টাৰ্ট–আপ পঞ্জীভুক্ত হৈছে৷ দেশ আৰু বিশ্বৰ আন প্ৰান্তৰ আৱশ্যকতা অনুসৰি আমাৰ তেজৱানসকলে নতুন উদ্ভাৱন কৰি আছে৷ সতীৰ্থসকল, আজি ভাৰতবৰ্ষৰ ৬ লাখৰো অধিক গাঁৱত বিজুলী সংযোগ আগবঢ়োৱা হৈছে৷ এতিয়া ভাৰতত এনেকুৱা কোনো গাওঁ নাই, য’ত বিজুলী নাই৷ ভাৰতত বিজুলীৰ উপলব্ধতা কিমান সুলভ হৈ পৰিছে, ইয়াৰ অনুমান আপোনালোকে বিশ্ব বেংকৰ ৰেংকিঙৰ পৰাই লাভ কৰিব৷ ‘বিদ্যুৎ সংযোগ লাভৰ সৰলতা’ৰ ৰেংকিঙত ভাৰতে বিগত চাৰি বছৰৰ ভিতৰত এইবাৰ ৮২টা স্থান আগুৱাবলৈ সক্ষম হৈছে৷ এতিয়া আমি এই তালিকাত ২৯ সংখ্যক স্থান লাভ কৰিছো৷ অকল বিজুলী সংযোগেই নহয়, জনসাধাৰণৰ বিদ্যুতৰ খৰচ কম কৰিবলৈও আমি পদক্ষেপ লৈছো৷ বিগত চাৰি বছৰত দেশত এশ কোটি এলইডি বাল্ব বিক্ৰী হৈছে৷ সতীৰ্থসকল, এইধৰণৰ অনেক পৰিৱৰ্তন এতিয়া ভাৰতত হৈ আছে৷ কিয়নো তাত ব্যৱস্থা আৰু সমাজত বৃহৎ পৰিৱৰ্তন আহিছে৷ ভাৰতে আজি নিউ ইণ্ডিয়াৰ সংকল্পৰ সৈতে আগবাঢ়ি আছে৷ সতীৰ্থসকল, প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰে পৰা মই ইয়ালৈ আহিবলৈ উৎসুক হৈ আছিলো৷ তিনি বছৰ পূৰ্বে ৰাষ্ট্ৰপতি মহোদয় যেতিয়া ভাৰত–আফ্ৰিকা সন্মিলনৰ বাবে ভাৰত আহিছিল, তেতিয়া তেওঁ বৰ আগ্ৰহেৰে মোক আমন্ত্ৰণ জনাইছিল৷ কিন্তু কিবা নহয় কিবা কাৰণৰ বাবে ভ্ৰমণ সম্ভৱ হৈ উঠা নাছিল৷ মই আনন্দিত যে আজি সকলোকে সাক্ষাতৰ সুযোগ লাভ কৰিলো৷ বিগত চাৰি বছৰত আফ্ৰিকাৰ সৈতে আমাৰ আমাৰ ঐতিহাসিক সম্পৰ্কক আমি বিশেষ গুৰুত্ব দিছো৷ ভাৰতৰ বৈদেশিক নীতিত আজি আফ্ৰিকাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ২০১৫ত যেতিয়া আমি ভাৰত–আফ্ৰিকা ঔদ্যোগিক সন্মিলন আয়োজন কৰিছিলো, তেতিয়া প্ৰথমবাৰ আফ্ৰিকাৰ সকলো দেশক আমন্ত্ৰণ জনাইছিলো৷ ইয়াৰ পূৰ্বে কিছু নিৰ্বাচিত দেশৰ মূৰব্বীৰ সৈতে আমাৰ সাক্ষাৎ হৈছিল আৰু সুখৰ কথা এয়ে যে সকলো দেশেই কেৱল আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাই নহয়, ৪১ খন দেশৰ শীৰ্ষ নেতৃত্বই সন্মিলনত ভাগ ল’বলৈ দিল্লী গৈছিল৷ আমি হাত আগবঢ়োৱাত আফ্ৰিকায়ো আগবাঢ়ি আহি ভাৰতক আকোৱালি লৈছিল৷ তাৰ ফলস্বৰূপে বিগত চাৰি বছৰত আফ্ৰিকাৰ প্ৰতিখন দেশলৈ ভাৰতৰ অতিকমেও মন্ত্ৰীস্তৰৰ ভ্ৰমণ হৈ আছে৷ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী স্তৰত এইপৰ্যন্ত ২০ৰো অধিক ভ্ৰমণ হৈছে৷ আফ্ৰিকাৰো ৩২ ৰাষ্ট্ৰ মূৰব্বীয়ে ভাৰতলৈ আহি ভাৰতৰ নেতাসকলক সাক্ষাৎ কৰিছে৷ আমি ১৪ দেশত নিজৰ দূতাবাস মুকলিৰ সিদ্ধান্ত লৈছো৷ ইয়াৰ ফলত আফ্ৰিকাত আমাৰ দূতাবাসৰ সংখ্যা ৪৭লৈ বৃদ্ধি পালে৷ আফ্ৰিকাৰ সামাজিক বিকাশ আৰু সংঘৰ্ষৰ সময়তো আমাৰ সহযোগ সদায় আছে৷ ইয়াৰ অৰ্থব্যৱস্থাৰ বিকাশতো আমি সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আছো৷ এইবাবেই বিগত বছৰত আফ্ৰিকান ডেভেলাপমেণ্ট বেংকৰ বাৰ্ষিক বৈঠক ভাৰতত আয়োজন কৰা হৈছিল৷ আফ্ৰিকাৰ বাবে তিনি বিলিয়ন ডলাৰৰ অধিক লাইন অফ ক্ৰেডিটৰ প্ৰকল্প অনুমোদন জনোৱা হৈছে৷ ভাৰত–আফ্ৰিকা ঔদ্যোগিক সন্মিলনৰ অন্তৰ্গত আমাৰ ১০ বিলিয়ন ডলাৰৰ সংকল্পও আছে৷ ইয়াৰ উপৰি ৬০০ মিলিয়ন ডলাৰৰ অনুদান সাহাৰ্য আৰু ৫০ হাজাৰ ছাত্ৰৰ বাবে ভাৰতত অধ্যয়নৰ স্ক’লাৰশ্বিপ দিবলৈও আমি প্ৰতিজ্ঞাবদ্ধ৷ আফ্ৰিকাৰ ৩৩ খন দেশৰ বাবে ভাৰতত ই–ভিছাৰ ব্যৱস্থা কৰা হৈছে আৰু আফ্ৰিকাৰ প্ৰতি আমাৰ শক্তিশালী সংকল্পৰ পৰিণামো দেখিবলৈ পোৱা গৈছে৷ বিগত বৰ্ষত আফ্ৰিকাৰ দেশৰ সৈতে ভাৰতৰ বাণিজ্যত ৩২শতাংশ বৃদ্ধি হৈছে৷ আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ সদস্য হোৱাৰ বাবে মই আফ্ৰিকাৰ সকলো দেশক আহ্বান জনাইছিলো আৰু আজি সদস্য ৰাষ্ট্ৰৰ প্ৰায় আধা আফ্ৰিকাৰ দেশ৷ মোক আপোনালোকে যিধৰণৰ স্নেহ দিছে, আশীৰ্বাদ দিছে, সন্মান দিছে—ইয়াৰ বাবে মই আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছো৷ ৰাষ্ট্ৰপতি মহোদয় আৰু উগাণ্ডাৰ চৰকাৰ তথা জনসাধাৰণকো মই হৃদয়ৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো৷ ২০১৯ৰ ২২–১৩ জানুৱাৰীত প্ৰবাসী ভাৰতীয় দিৱস উদযাপন কৰা হ’ব আৰু এইবাৰ বেনাৰছৰ কাশীক ইয়াৰ স্থান হিচাপে ধাৰ্য কৰা হৈছে৷ যি স্থানৰ জনতাই মোক প্ৰধানমন্ত্ৰী বনাইছে, সাংসদ বনাইছে, সেই স্থানত হ’বলগীয়া প্ৰবাসী ভাৰতীয় দিৱসলৈ আপোনালোকক আমন্ত্ৰণ জনালো৷ আৰু এটা সুখৰ খবৰ যে প্ৰবাসী ভাৰতীয় দিৱসৰ পূৰ্বে গুজৰাটত ভাইব্ৰেণ্ট গুজৰাট আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰী সন্মিলন অনুষ্ঠিত হ’ব৷ ইয়াৰ বাবে দিন ধাৰ্য কৰা হৈছে ১৮,১৯,২০ জানুৱাৰী৷ ১৪ জানুৱাৰীৰ পৰা আকৌ কুম্ভমেলা আৰম্ভ হৈ যাব৷ গতিকে এই সকলো পৰিদৰ্শন কৰি আপোনালোকে দিল্লীলৈ আহিব, তাত আমি সকলোৱে ২৬ জানুৱাৰীত গণৰাজ্য দিৱস উদযাপন কৰিম৷ মুঠৰ ওপৰত আপোনালোকে সম্পূৰ্ণ এক সপ্তাহৰ পেকেজ লৈ ভাৰত ভ্ৰমণলৈ আহিব, তাত এটাৰ পিছত এটা অনুষ্ঠানে আপোনালোকক স্বাগতম জনাব৷ উগাণ্ডাৰ ভাই–ভনীসকলকো মই ভাৰতলৈ আমন্ত্ৰণ জনালো, আপোনালোকেও আহিব৷ আপোনালোকৰ প্ৰগতিৰ বাবে ভাৰতৰ শুভকামনা সদায় থাকিব৷ মই পুনৰ এবাৰ সকলোকে বহুত বহুত ধন্যবাদ জনাইছো৷ বহুত বহুত ধন্যবাদ৷
২৪ জুলাইত উগাণ্ডাত প্ৰৱাসী ভাৰতীয়ক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%A7%E0%A7%8D%E0%A6%AF-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%89%E0%A6%9C%E0%A7%8D%E0%A6%9C%E0%A7%88%E0%A7%9F%E0%A6%BF%E0%A6%A8%E0%A7%80%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%A7%E0%A7%8D%E0%A6%AF-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%89%E0%A6%9C%E0%A7%8D%E0%A6%9C%E0%A7%88%E0%A7%9F%E0%A6%BF%E0%A6%A8%E0%A7%80%E0%A7%B0/
মধ্য প্ৰদেশৰ উজ্জৈয়িনীৰ ‘শ্ৰী মহাকাল লোক’ত সম্পাদিত ‘মহাকাল লোক প্ৰকল্প’ৰ প্ৰথমটো পৰ্যায় আজি ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰম্পৰাগত সাজ পৰিধান কৰি মহাকাল মন্দিৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী। ‘নন্দী দ্বাৰ’ৰে তেওঁ ‘মহাকাল লোক’ত প্ৰৱেশ কৰে। মন্দিৰৰ গৰ্ভগৃহত পূজা আৰু আৰতি সম্পাদন কৰে প্ৰধানমন্ত্ৰীয়ে। মন্ত্ৰোচ্ছাৰণৰ মাজতে তেওঁ কিছু সময়ৰ বাবে ধ্যানতো বহে। স্মৰণীয় মুহূৰ্তটোৰ আধ্যাত্মিক গাম্ভীৰ্য অব্যাহত ৰাখি প্ৰধানমন্ত্ৰীয়ে নন্দীৰ পবিত্ৰ মূৰ্তিৰ কাষত বহিও প্ৰাৰ্থনা কৰে। ইয়াৰ পিচতে প্ৰধানমন্ত্ৰীয়ে ‘শ্ৰী মহাকাল লোক’-ৰ উচৰ্গা ফলক উন্মোচনৰ বাবে গমন কৰে। মন্দিৰৰ সন্তসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে এক বাৰ্তালাপ অনুষ্ঠানতো ভাগ লয়। ইয়াৰ পিচতে তেওঁ মহাকাল লোক মন্দিৰৰ চৌহদ পৰিদৰ্শন কৰিবলৈ আগবাঢ়ে। এই পৰিক্ৰমাত তেওঁ ‘সপ্তৰ্ষি মণ্ডল’, ‘মণ্ডপম’, ‘ত্ৰিপুৰাসুৰ বধ’ আৰু ‘নৱগ্ৰহ’ দৰ্শন কৰে। পথৰ দাঁতিত ‘শিৱপুৰাণ’ৰ আধাৰত নিৰ্মাণ কৰা ‘সৃষ্টিৰ কৰ্ম’, ‘গণেশৰ জন্ম বৃতান্ত’, ‘সতীৰ গাঁথা’ আৰু ‘দক্ষ’ সম্পৰ্কীয় কাহিনীসমূহৰ পটলিপিও প্ৰত্যক্ষ কৰে। শ্ৰী মোদীয়ে এই উপলক্ষে আয়োজন কৰা এক সাংস্কৃতিক কাৰ্যক্ৰমৰ লগতে ‘মানসৰোবৰ’ত অনুষ্ঠিত ‘মলখাম্ব’ৰ প্ৰদৰ্শনো উপভোগ কৰে। ইয়াৰ পিচতে তেওঁ ‘ভাৰত মাতা মন্দিৰ’ দৰ্শনলৈ যায়। এই যাত্ৰাত তেওঁৰ সৈতে উপস্থিত থাকে মধ্য প্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্দিয়া। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য প্ৰদেশৰ উজ্জৈয়িনীৰ ‘শ্ৰী মহাকাল লোক’ত সম্পাদিত ‘মহাকাল লোক প্ৰকল্প’ৰ প্ৰথমটো পৰ্যায় আজি ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। তীৰ্থযাত্ৰী সকললৈ বিশ্ব মানৰ সা-সুবিধা আগবঢ়োৱাৰ লগতে ঐতিহ্য-স্মাৰকটোৰ সংৰক্ষণ আৰু পুনৰ্নিৰ্মাণত বিশেষ গুৰুত্ব আৰোপ কৰাটোৱেই হৈছে প্ৰকল্পটোৰ লক্ষ্য। দুটা পৰ্যায়ত সম্পন্ন হ’বলগীয়া প্ৰকল্পটোৰ সামগ্ৰিক ব্যয়ৰ পৰিমাণ হ’ব প্ৰায় ৮৫০ কোটি টকা। এই প্ৰকল্পৰ অধীনত ‘মহাকাল লোক মন্দিৰ চৌহদ’ৰ পৰিসৰ পূৰ্বৰ হিচাপত প্ৰায় সাতগুণে বৃদ্ধি পাব। ন-কৈ গড়ি তোলা মন্দিৰ চৌহদত বৰ্তমানে পৰিলক্ষিত হোৱা বছৰি প্ৰায় ১.৫ কোটি দৰ্শনাৰ্থীৰ সংখ্যা দুগুণলৈ বঢ়াৰ প্ৰত্যাশা কৰা হৈছে।
মধ্য প্ৰদেশৰ উজ্জৈয়িনীৰ ‘শ্ৰী মহাকাল লোক’ত সম্পাদিত ‘মহাকাল লোক প্ৰকল্প’ৰ প্ৰথমটো পৰ্যায় ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%A3%E0%A6%B8%E0%A7%80%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A8-%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A7%9F%E0%A6%A8%E0%A6%AE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%A3%E0%A6%B8%E0%A7%80%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A8-%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A7%9F%E0%A6%A8%E0%A6%AE/
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান ৰাম নায়ক মহোদয়, ইয়াৰে ওজস্বী, তেজস্বী, পৰিশ্ৰমী, যশস্বী মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ মহোদয়, কেন্দ্ৰৰ মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী তথা পুৰণি মিত্ৰ আৰু উত্তৰ প্ৰদেশ ভাৰতীয় জনতা দলৰ অধ্যক্ষ শ্ৰীমান মহেন্দ্ৰ নাথ পাণ্ডে, জাপানৰ দূতাবাসৰ চাৰ্জ দা এফেয়াৰ শ্ৰী হিৰেকা অসাৰী মহোদয় আৰু বাৰাণসী মোৰ ভাতৃ-ভগ্নীসকল৷ সৰ্বপ্ৰথমে মই আমাৰ দেশৰ গৌৰৱ বৃদ্ধি কৰা আমাৰ এগৰাকী কন্যাৰ গৌৰৱ গাঁথা শুনাব বিচাৰিছোঁ৷ আপোনালোকে দেখিছে যে অসমৰ নগাঁও জিলাৰ ধিঙৰ এজনী সৰু ছোৱালী হিমা দাসে অসাধাৰণ কৃতিত্ব প্ৰদৰ্শন কৰিলে৷ আৰু যিসকলে দুৰদৰ্শনত দেখিলে.. মই আজি এক বিশেষ ৰূপত টুইট কৰিছোঁ৷ সেই ষ্টেডিয়ামত যিগৰাকী ধাৰাভাষ্যকাৰী আছিল তেওঁৰ বাবেও এয়া আচৰিত হ’বলগীয়া কথা আছিল যে বিশ্ব চেম্পিয়নসকলক পিছ পেলাই হিন্দুস্তানৰ এজনী ছোৱালী প্ৰতি ছেকেণ্ডত আগবাঢ়ি আছে আৰু সেই ধাৰাভাষ্যকাৰীজনে ইমান উত্তেজনাৰে ধাৰাভাষ্য প্ৰদান কৰি আছিল যে সেয়া শুনি হিন্দুস্তানীসকলৰ বুকু গৌৰৱত ফুলি উঠিব৷ আৰু পিছত আপোনালোকে হয়তো দেখিলে যে হিমা দাসে এটা ডাঙৰ কাম কৰিলে, তেওঁ ভাৰতৰ নাম মহিমাণ্ডিত কৰিলে৷ যেতিয়া তেওঁৰ জয় হ’ল, তেওঁ দুহাত ওপৰলৈ তুলি ত্ৰিৰংগাৰ প্ৰতীক্ষা কৰি আছিল৷ আৰু যেতিয়াই তেওঁৰ হাতলৈ ত্ৰিৰংগা আহিল, তেওঁ ত্ৰিৰংগাখনত লহৰ তুলি অসমীয়া গামোচাখনো ডিঙিত ল’বলৈ নাপাহৰিলে৷ যেতিয়া তেওঁ মেডেল গ্ৰহণ কৰি আছিল, হিন্দুস্তানৰ ত্ৰিৰংগা তেতিয়া বতাহত উৰি আছিল, আৰু তেতিয়াই জন-গণ-মন আৰম্ভ হ’ল৷ আপোনালোকে দেখিলে যে ১৮ বছৰীয়া হিমাৰ চকুৰে তেতিয়া চকুলো বৈ আছিল৷ এয়া ভাৰত মাতাৰ প্ৰতি সমৰ্পিত আছিল৷ এই দৃশ্যই স্বয়ংভাৱে এশ পচিশ কোটি ভাৰতীয়ক ন প্ৰেৰণা আৰু উদ্দীপনা প্ৰদান কৰিব৷ সৰু এখন গাঁৱৰ ধান খেতি কৰা কৃষক পৰিয়ালৰ ছোৱালী ১৮ মাহ পূৰ্বে জিলা ভিত্তিত খেলিছিল, আজি তেওঁ ১৮ মাহৰ ভিতৰতে বিশ্বৰ ভিতৰতে ভাৰতৰ নাম উজ্বলাইছে৷ মই হিমা দাসক অনেক অভিনন্দন তথা শুভকামনা জনাইছোঁ৷ আৰু আপোনালোককো কৈছোঁ যে হাত-তালিৰে হিমাৰ দাসক গৌৰৱান্বিত কৰক৷ গৌৰৱগান কৰক আমাৰ দেশৰ ছোৱালীৰ, অসমৰ এই ছোৱালীজনীয়ে সমগ্ৰ দেশৰ নাম আলোকিত কৰিলে৷ বহুত বহুত অভিনন্দন৷ ভাতৃ-ভগ্নীসকল, বাবা ভোলানাথৰ প্ৰিয় শাওন মাহ কেইদিনমানৰ পিছতে আৰম্ভ হ’ব৷ কিছুদিনৰ পিছতেই কাশীত দেশ আৰু বিশ্বৰ শিৱভক্ত সকলে ভিৰ কৰিবহি৷ এই উৎসৱৰ প্ৰস্তুতি ধুমধামেৰে হ’বলৈ ধৰিছে৷ ভাতৃ আৰু ভগ্নীসকল, আজি এই উৎসৱৰ প্ৰস্তুতিত ব্যস্ত থকাৰ মাজতে মই সৰ্বপ্ৰথমে সেই পৰিয়ালসকলৰ পীড়া তথা মনোকষ্টৰ কথা ক’বলৈ ওলাইছোঁ যিয়ে বিগত দিনত হোৱা দুৰ্ঘটনাত নিজৰ আপোন লোকক হেৰুৱাইছে৷ বাৰাণসীত দুৰ্ঘটনা হ’ল, অমূল্য জীৱনৰ যি ক্ষতি হ’ল সেয়া অত্যন্তই দুখজনক৷ সকলো পীড়িত পৰিয়াললৈ মোৰ সমবেদনা জনাইছোঁ৷ আনৰ দুখত দুখী হোৱা, সহযোগ আৰু সৌহাৰ্দৰ ভাৱনাই হ’ল কাশীৰ বিশেষত্ব৷ ভোলে বাবাৰ দৰে ভোলা স্বভাৱ, সকলোৰে দুখক নিজৰ মাজত সমাহিত কৰিব পৰা, মা গংগাৰ দৰে স্বভাৱেই হ’ল বাৰাণসীৰ পৰিচয়৷ দেশ আৰু বিশ্বৰ যিকোনো প্ৰান্ততে বাৰাণসীবাসীসকলে এই সংস্কাৰ কেতিয়াও নাপাহৰে৷ বন্ধুসকল, শতিকাজুৰি বাৰাণসী এইদৰেই আছে, পৰম্পৰাৰ মাজত জীয়াই আছে৷ ইয়াৰ পৌৰাণিক পৰিচয়ক নতুন উচ্চতা প্ৰদান কৰিবলৈ, কাশীক একবিংশ শতিকাৰ প্ৰয়োজনীয়তা অনুসৰি বিকশিত কৰাৰ বাবে বিগত চাৰি বছৰ ধৰি প্ৰয়াস কৰি থকা হৈছে৷ নতুন ভাৰতৰ বাবে এক নতুন বাৰাণসীৰ নিৰ্মাণ হৈ আছে, যাৰ আত্মা প্ৰাচীন হ’ব কিন্তু কায়া নবীনতম হ’ব৷ য’ত প্ৰান্তে প্ৰান্তে সংস্কৃতি আৰু সংস্কাৰ থাকিব, কিন্তু প্ৰণালীসমূহ স্মাৰ্ট ব্যৱস্থাযুক্ত হ’ব৷ পৰিৱৰ্তিত বাৰাণসীৰ এই চিত্ৰ এতিয়া চাৰিওফালে দেখিবলৈ পোৱা গৈছে৷ আজি সংবাদ মাধ্যমত, ছ’চিয়েল মাধ্যমত কাশীৰ পথ, পদূলি, অলি-গলি, ঘাট আৰু পুখুৰীৰ আলোকচিত্ৰ যিয়েই দেখিছে তেওঁৰ মন প্ৰফুল্লিত হৈ উঠিছে৷ মূৰৰ ওপৰত ওলমি থকা বিদ্যুতৰ তাঁৰ আজি নোহোৱা হৈ পৰিছে৷ পথ সমূহ প্ৰকাশেৰ উজ্বলি উঠিছে৷ ৰং-বিৰঙী পানীৰ ফোঁৱাৰাৰ দৃশ্যই হৃদয় স্পৰ্শ কৰিছে৷ বন্ধুসকল, বিগত চাৰিটা বৰ্ষত বাৰাণসীত দহ হাজাৰ কোটি টকাৰ বিনিয়োগ কৰা হৈছে আৰু এই গতি নিৰৱচ্ছিন্ন হ’ব৷ ২০১৪ চনৰ পিছত আমি বহু প্ৰত্যাহ্বানৰ মুখামুখি হৈছিলোঁ৷ পূৰ্বৰ চৰকাৰে কাশীৰ বিকাশৰ বাবে সহযোগ কৰা নাছিল, সহযোগটো দূৰৰ কথা, তেওঁলোকে বাধা প্ৰদান কৰি আছিল৷ যেতিয়াই আপোনাকে বহুমত প্ৰদান কৰি লক্ষ্ণৌত ভাজপা চৰকাৰক অধিষ্ঠিত কৰিলে তেতিয়াৰ পৰা উত্তৰ প্ৰদেশৰ বিকাশৰ গতি ক্ষীপ্ৰ হ’ল৷ এই যাত্ৰা অবিৰত ৰাখি অলপতে মই প্ৰায় এক হাজাৰ কোটি টকাৰ যোজনাৰ আধাৰশিলা স্থাপন আৰু উচৰ্গা কৰিছোঁ৷ কেন্দ্ৰ আৰু ৰাজ্যৰ এয়া ত্ৰিশতকৈও অধিক প্ৰকল্প ইয়াৰ পথ, পৰিবহণ, পানীৰ যোগান, নলা-নৰ্দমা, ৰন্ধন গেছ, স্বচ্ছতা আৰু এই চহৰৰ সৌন্দৰ্যবৰ্ধনৰ সৈতে জড়িত হৈ আছে৷ ইয়াৰোপৰি আয়কৰ ত্ৰিবুনেলৰ ছাৰ্কিট বেঞ্চ আৰু কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে চিজিএইচএছ কল্যাণ কেন্দ্ৰৰ সুবিধাৰ জৰিয়তে ইয়াৰ জনতা উপকৃত হ’ব৷ ভাতৃ আৰু ভগ্নীকল, বাৰাণসীলৈ যি পৰিৱৰ্তন আহিছে, তাৰে লাভ গাঁৱৰ লোকসকলে প্ৰাপ্ত কৰিছে৷ এই গাঁওসমূহত পেয় জলৰ সৈতে জড়িত অনেক যোজনাৰো আজি উচৰ্গা কৰা হৈছে৷ ইয়াত যি কৃষক ভাই-ভনীসকল জড়িত হৈ আছে, তেওঁলোকক মই বিশেষ অভিনন্দন জনাইছোঁ৷ এই সভাস্থলীৰ কাষতেই পেৰিশ্বেবেল কাৰ্গো কেন্দ্ৰ আছে, যি বৰ্তমানে প্ৰস্তুত হৈ উঠিছে৷ এয়া মোৰ সৌভাগ্য যে তাৰে মই আধাৰশিলা স্থাপন কৰাৰ সৌভাগ্য প্ৰাপ্ত কৰিলো আৰু সেয়া উচৰ্গা কৰাৰো অৱকাশ পালো৷ বন্ধুসকল, এই কাৰ্গো কেন্দ্ৰ ইয়াৰ কৃষকসকলৰ বাবে এক বৰদান স্বৰূপ হৈ উঠিব৷ আলু, মটৰ, বিলাহী আদিৰ দৰে পাচলি যি অতি সোনকালে নষ্ট হৈ যায় সেয়া সঞ্চয় কৰাৰ উচিত ব্যৱস্থা কৰা হৈছে৷ এতিয়াৰে পৰা আপোনালেকে ফল-পাচলি আদি পচি যোৱাৰ লোকচান ভৰিব নালাগে৷ ৰে’লৱে ষ্টেচনো যথেষ্ট দূৰ নহয়৷ ইয়াৰ জৰিয়তে এতিয়া পাচলি আৰু ফলসমূহ দূৰ চহৰলৈ প্ৰেৰণ কৰাও সহজ হৈ উঠিব৷ ভাতৃ আৰু ভগ্নীসকল, পৰিবহণৰ দ্বাৰা পৰিৱৰ্তন, এই পথত এই চৰকাৰ ক্ষীপ্ৰ গতিৰে আগবাঢ়ি আছে৷ বিশেষ ৰূপত দেশৰ এই পূব অংশত আমাৰ অধিক লক্ষ্য প্ৰদান কৰা হৈছে৷ কিছু দেৰি পূৰ্বে আজমগড়ত হোৱা দেশৰ সবাতোকৈ দীৰ্ঘতম এক্সপ্ৰেছ ৱে’ৰ আধাৰশিলা স্থাপনো এই দৃষ্টিকোণৰে এক অংশ৷ বন্ধুসকল, কাশী নগৰী সদায়েই মোক্ষদায়িনী হিচাপে পৰিচিত হৈ আহিছে আৰু জীৱনৰ সন্ধানত ইয়ালৈ অহা লোকৰ সংখ্যা কম নহয়৷ কিন্তু এতিয়া জীৱনলৈ অহা সংকটসমূহ চিকিৎসা বিজ্ঞানৰ দ্বাৰা হ্ৰাস কৰাৰ কেন্দ্ৰও নিৰ্মাণ হ’বলৈ ধৰিছে৷ আপোনালোকৰ সহযোগত বাৰাণসী পূব ভাৰতৰ এক স্বাস্থ্য কেন্দ্ৰলৈ পৰিণত হ’ব ধৰিছে৷ শিক্ষাৰ ক্ষেত্ৰত বিখ্যাত আমাৰ বিএইচইউ আজি চিকিৎসাৰ ক্ষেত্ৰতো পৰিচিত হ’বলৈ ধৰিছে৷ আপোনালোকে জানি সুখী হ’ব যে অলপতে বিএইচইউয়ে এইমছৰ সৈতে এক বিশ্বমানৰ স্বাস্থ্য প্ৰতিষ্ঠান নিৰ্মাণ কৰাৰ বাবে সহযোগিতাৰ চুক্তি কৰিছে৷ এইদৰে ইয়াৰ আৰম্ভণি হৈছে আৰু শীঘ্ৰেই ইয়াৰ পৰিণাম আপোনালেকে দেখিবলৈ পাব৷ এই ক্ষেত্ৰত বাৰাণসীৰ বাসিন্দাসকল তথা ইয়ালৈ অহা-যোৱা কৰা লোকৰ বাবেও সংযোগৰ সুবিধা অতিশয় প্ৰয়োজনীয়৷ সেইবাবে পথেই হওক অথবা ৰে’লেই হওক, অনেক নতুন সুবিধা আজি কাশীয়ে প্ৰাপ্ত কৰিছে৷ এই দিশত ইয়াত কেণ্ট ৰে’লৱে ষ্টেচনক নতুন ৰূপত সজোৱাৰ কাম চলি আছে৷ বাৰাণসীৰ পৰা বাল্লিয়ালৈ বৈদ্যুতিকীকৰণৰ কাম সম্পূৰ্ণ হৈ উঠিছে আৰু আজিৰে পৰা এই খণ্ডত মেম’ ৰে’লো চলিবলৈ ধৰিছে৷ অলপতে মই সেউজীয়া পতাকা দেখুৱাই ৰে’লখনক বিদায় দিলো৷ এতিয়া ৰাতিপুৱা এই ৰে’লেৰে বাল্লিয়া আৰু গাজীপুৰৰ লোক ইয়ালৈ আহিব পাৰিব আৰু নিজৰ কাম কৰি সন্ধিয়া এই ৰে’লেৰে ঘূৰি যাবলৈ পাৰিব৷ এতিয়া দীৰ্ঘ দূৰত্বৰ ৰে’লত ভীৰৰ পৰা জনতাই সকাহ পাব৷ বন্ধুসকল, ইয়াত কাশীৰ ভক্তসকলক, শ্ৰদ্ধাৱানসকলক অধিক সুবিধা দিয়াৰ প্ৰয়াস অব্যাহত আছে৷ দেশ আৰু বিশ্বৰ বিভিন্ন স্থানৰ পৰা যিসকল ভক্ত এই কাশীলৈ আহে তেওঁলোকৰ ভ্ৰমণত অসুবিধা নহ’বলৈ ইয়াৰ ব্যৱস্থা কৰা হৈছে৷ পাঞ্চকোশী মাৰ্গৰ উচ্চতাকৰণৰ কাম আজিৰে পৰা আৰম্ভ কৰা হৈছে৷ ইয়াৰ লগে লগে কাশীত আস্থা আৰু সাংস্কৃতিক মহত্বৰ যিবোৰ স্থান আছে সেইসমূহ সংযোগ কৰি বহুতো পথৰ হয় মেৰামতি অথবা নতুনকৈ নিৰ্মাণ কৰা হৈছে৷ এই পথসমূহো কিছুদেৰি পূৰ্বে জনতালৈ উচৰ্গা কৰা হৈছে৷ ভাতৃ আৰু ভগ্নীসকল, কাশী পৰ্যটনৰ আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰৰ সৈতে সংযোজিত হৈছে৷ আজি ইয়াত আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰ ৰুদ্ৰাক্ষৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ দুবছৰ পূৰ্বে জাপানৰ প্ৰধানমন্ত্ৰী আৰু মোৰ পৰম মিত্ৰ ছিনজো আবে মহোদয়ে যেতিয়া মোৰ সৈতে কাশীলৈ আহিছিল, তেতিয়া তেওঁ এই উপহাৰ ভাৰতক, কাশীবাসীক প্ৰদান কৰিছিল৷ অনাগত ডেৰ-দুই বছৰৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ হ’ব৷ আপোনালোক সমূহ কাশীবাসীৰ তৰফৰ পৰা, দেশবাসীৰ তৰফৰ পৰা এই উপহাৰৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰীমান ছিনজো আবে মহোদয়ক হৃদয়েৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ বন্ধুসকল, মই সুখী যে কেৱল কাশীয়েই নহয়, সমগ্ৰ উত্তৰ প্ৰদেশত পৰ্যটনক যোগী মহোদয়ে আৰু তেওঁৰ দলে গুৰুত্ব প্ৰদান কৰিছে৷ ইয়াৰ বাবে স্বচ্ছতা আৰু ধৰোহৰসমূহৰ সৌন্দৰ্যবৰ্ধনৰ কাম ক্ষীপ্ৰ গতিত আগবাঢ়িব ধৰিছে৷ বিশেষৰূপত স্বচ্ছতা, স্বচ্ছ ভাৰত অভিযানক যিদৰে আপোনালোক সকলোৱে উত্তৰ প্ৰদেশত আগবঢ়াই লৈ গৈছে, সেয়া অতিশয় প্ৰশংসনীয়৷ স্বচ্ছ, সুন্দৰ আৰু স্বাস্থ্যকৰ ভাৰতৰ বাবে আপোনালোকৰ অৱদান অতিশয় প্ৰশংসনীয়৷ বন্ধুসকল, কাশীৰ মহত্ব, ইয়াৰ ঐতিহ্য বৰ্তাই ৰাখিবলৈ আপোনালোকে যিবোৰ কৰিছে সেয়া অতুলনীয়৷ কিন্তু আমি চাৰি বছৰৰ পূৰ্বৰ দিনসমূহৰ কথাও পাহৰিব নালাগে, যেতিয়া বাৰাণসীৰ ব্যৱস্থা সংকটময় আছিল৷ সকলোফালে জাৱৰ-জোঁথৰ, লেতেৰা, বেয়া পথ, ভৰ্তি নৰ্দমা, খুটাত ওলমি থকা বিদ্যুতৰ তাঁৰ, পথৰ ভিৰ, বাবদপুৰা বিমানবন্দৰৰ সৈতে সংযোজিত পথৰ অৱস্থা হয়তো আপোনালোকে পাহৰা নাই৷ কিমান লোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছিল, কিমানে বিমান হেৰুৱাবলগীয়া হৈছিল৷ এনে অৱস্থা হৈছিল যে জনতাই দুৰ্ভোগৰ পৰা বাচিবলৈ বিমানবন্দৰৰ পৰিৱৰ্তে কেণ্ট ৰে’লৱে ষ্টেচনৰ আশ্ৰয় লৈছিল৷ গংগা নদীৰ, ঘাটসমূহৰ কি অৱস্থা হৈছিল সেয়া সকলোৱে জানে৷ কিদৰে সমগ্ৰ চহৰ আৰু গাঁৱৰ জাবৰ-জোঁথৰসমূহ গংগাত পেলোৱা হৈছিল৷ পূৰ্বৰ চৰকাৰে এই সকলো ঘটনাক আওকাণ কৰিছিল৷ গংগাৰ নামত কিমান ধনৰ শৰাধ হ’ল তাৰ কোনো হিচাপ নাই৷ এফালে গংগাৰ সোঁতত সংকট সৃষ্টি হৈছিল, গংগাৰ পানীৰ শুদ্ধতাত সংকট আছিল আৰু আনটো ফালে কিছুমান লোকৰ ভঁৰাল দিনে দিনে ভৰ্তি হৈ গৈছিল৷ এনে পৰিস্থিতিত গংগাক স্বচ্ছ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হ’ল৷ আজি মা গংগাক নিৰ্মল কৰাৰ অভিযান ক্ষীপ্ৰ গতিত আগবাঢ়িবলৈ ধৰিছে৷ কেৱল বাৰাণসীয়েই নহয়, গংগোত্ৰীৰ পৰা আৰম্ভ কৰি গংগা সাগৰলৈ এই প্ৰয়াস কৰা হৈছে৷ কেৱল পৰিষ্কাৰ-পৰিচ্ছন্নতাই নহয়, চহৰৰ আৱৰ্জনাসমূহ যাতে গংগাত নপৰে ইয়াৰো ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ বাবে প্ৰায় ২১ হাজাৰ কোটিৰ দুশতকৈও অধিক যোজনাৰ অনুমোদন জনোৱা হৈছে৷ কিছু দেৰী পূৰ্বে নৰ্দমাৰ সৈতে জড়িত কিছুমান প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উচৰ্গা কৰা হৈছে৷ বন্ধুসকল, চৰকাৰে এয়াও নিশ্চিত কৰিছে যে যি নৰ্দমা ব্যৱস্থা নিৰ্মাণ কৰা হৈছে সেয়া যাতে সঠিক ৰূপত কাৰ্যক্ষম হৈ থাকে, সুচাৰু ৰূপত চলক, কাৰণ পূৰ্বৰ চৰকাৰৰ এয়া সংস্কৃতি নাছিল যে ব্যৱস্থা নিৰ্মাণ কৰাটো হৈছিল কিন্তু সেয়া যাতে দীৰ্ঘসময়ৰ বাবে কাৰ্যক্ষম হৈ থাকে এই ব্যৱস্থা নাছিল৷ এতিয়া যিবোৰ প্ৰকল্প নিৰ্মাণ কৰা হৈছে তাৰ সৈতে এয়া সুনিশ্চিত কৰা হৈছে যে সেয়া ন্যূনতম ১৫ বছৰলৈ যাতে কাৰ্যক্ষম হৈ থাকে৷ অৰ্থাৎ আমাৰ গুৰুত্ব কেৱল নৰ্দমা প্ৰকল্প নিৰ্মাণ কৰাই নহয়, সেয়া কাৰ্যক্ষম কৰাও৷ ইয়াত সময় আৰু শ্ৰমৰ অধিক প্ৰয়োজন হয় কিন্তু এটা স্থায়ী ব্যৱস্থা নিৰ্মিত হয়৷ অনাগত সময়ত ইয়াৰ পৰিণাম বাৰাণসীৰ বাসিন্দাসকলেও প্ৰত্যক্ষ কৰিব পাৰিব৷ ভাতৃ আৰু ভগ্নীসকল, এই যিবোৰ কাম আজি হৈ আছে সেয়াই বাৰাণসীক স্মাৰ্ট চিটীলৈ পৰিবৰ্তন কৰিব৷ ইয়াত সংহত কমাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰৰ কাম ক্ষীপ্ৰ গতিত হ’বলৈ ধৰিছে৷ সমগ্ৰ দেশৰ প্ৰশাসনৰ, ৰাজহুৱা সুবিধাৰ নিয়ন্ত্ৰণ ইয়াৰ পৰাই হ’ব৷ এনেকুৱা প্ৰায় ১০ টা প্ৰকল্পৰ কাম চলি আছে৷ বন্ধুসকল, স্মাৰ্ট চিটী কেৱল চহৰৰ আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰকল্প নহয়, ই দেশক এক নতুন পৰিচয় দিয়াৰ অভিযান৷ এয়া যুৱ ভাৰত, নতুন ভাৰতৰ প্ৰতীক৷ এইদৰে মেক ইন ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়াৰ অভিযান জন সাধাৰণৰ জীৱনক সুগম আৰু সহজ কৰি তোলাৰ বাবে কৰা হৈছে৷ ইয়াত আমাৰ উত্তৰ প্ৰদেশেও অগ্ৰণী ভূমিকা পালন কৰিছে৷ মই যোগী মহোদয় আৰু তেওঁৰ দলক অভিনন্দন জনাইছোঁ যে তেওঁলোকে যি উদ্যোগ নীতি নিৰ্মাণ কৰিছে, বিনিয়োগৰ বাবে যি পৰিৱেশ সৃষ্টি কৰিছে তাৰ পৰিণাম আজি প্ৰাপ্ত হৈছে৷ কিছু দিন পূৰ্বে নইডাত মই ছেমছাঙৰ ফোন প্ৰস্তুত কৰা, বিশ্বৰ সবাতোকৈ বৃহৎ কাৰখানাৰ উচৰ্গা কৰাৰ অৱকাশ পাইছিলো৷ ইয়াৰ দ্বাৰা সহস্ৰজনে নিয়োজনৰ সুবিধা পাব৷ আপোনালোকে এয়া জানি গৌৰৱান্বিত হ’ব যে বিগত চাৰিটা বৰ্ষত ম’বাইল নিৰ্মাণৰ কাৰখানা দুইৰ পৰা বৃদ্ধি হৈ ১২০ হৈছেগৈ, য’ৰ ৫০ টাতকৈও অধিক কাৰখানা আমাৰ উত্তৰ প্ৰদেশত আছে৷ এই কাৰখানাসমূহে চাৰি লাখতকৈও অধিক যুৱ সম্প্ৰদায়ক নিয়োজনৰ সুবিধা প্ৰদান কৰিছে৷ বন্ধুসকল, ‘মেক ইন ইণ্ডিয়া’ৰ সৈতে ডিজিটেল ভাৰতো নিয়োজনৰ এক উল্লেখযোগ্য মাধ্যম হিচাপে পৰিগণিত হৈছে৷ এই পৰিপ্ৰেক্ষিতত আজি ইয়াত টাটা কনছালটেন্সি ছাৰ্ভিচেছ অৰ্থাৎ টিচিএছৰ বিপিঅ’ৰ শুভাৰম্ভ হৈছে৷ এই কেন্দ্ৰই বাৰাণসীৰ যুৱ সমাজৰ বাবে নিয়োজনৰ সুবিধাৰ সৃষ্টি কৰিব৷ ভাতৃ-ভগ্নীসকল, যেতিয়া নিয়োজনৰ কথা আহে তেতিয়া ইয়াতো চৰকাৰে মাতৃ-ভগ্নীসকলৰ প্ৰতি বিশেষ ধ্যান দিয়ে৷ স্ব-ৰোজগাৰৰ বাবে মুদ্ৰা যোজনাৰ মাধ্যত বিনা গেৰান্টীৰ সৈতে ঋণ অথবা এলপিজিৰ বিনামূলীয়া চিলিণ্ডাৰ আদিৰ জৰিয়তে দুখীয়া মাতৃ আৰু ভনীসকলকৰ জীৱনলৈ পৰিৱৰ্তন আহিছে৷ পৰিষ্কাৰ ইন্ধন যাতে সকলোৰে প্ৰাপ্ত হয় তাৰ বাবে ইয়াত কাশীত বহু ডাঙৰ প্ৰকল্প আৰম্ভ হৈছে৷ আজি উচৰ্গা কৰা চিটী গেছ বিতৰণ ব্যৱস্থাও ইয়াৰে এটা অংশ৷ ইয়াৰ বাবে এলাহাবাদৰ পৰা বাৰাণসীলৈ পাইপ লাইন বহুওৱা হৈছে৷ মই সুখী যে এতিয়ালৈ বাৰাণসীত আঠ হাজাৰ ঘৰত পাইপযুক্ত গেছ সংযোগ প্ৰদান কৰা হৈছে আৰু ভৱিষ্যতে ইয়াক ৪০ হাজাৰ ঘৰলৈ প্ৰেৰণৰ বাবে কাম চলি আছে৷ বন্ধুসকল, এয়া কেৱল ইন্ধনৰ সৈতে জড়িত ব্যৱস্থাই নহয়, চহৰৰ সমগ্ৰ পৰিৱেশতন্ত্ৰ পৰিৱৰ্তনৰ কৰাৰো ব্যৱস্থা হিচাপে পৰিগণিত হৈছে৷ পিএনজিয়েই হওক অথবা চিএনজি, এই আন্তঃগাঁথনিয়ে চহৰখনৰ প্ৰদূষণ হ্ৰাস কৰিব৷ আপোনালোকে চিন্তা কৰক, যেতিয়া বাৰাণসীৰ কোনো বাছ, গাড়ী অথবা অটো চিএনজিৰ দ্বাৰা চালিত হ’ব তেতিয়া ইয়াৰ সৈতে জড়িত কিমান নতুন নিয়োজনৰ সৃষ্টি হ’ব৷ বন্ধুসকল, যেতিয়াই মই জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰোঁ অথবা কোনো ভাৰতীয়ই যেতিয়া জাপানৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে আৰু যেতিয়াই তেওঁ সুবিধা পায় তেতিয়াই মই দেখোঁ যে জাপানৰ প্ৰধানমন্ত্ৰীয়ে কাশীত যি অভিজ্ঞতা প্ৰাপ্ত কৰিছিল, কাশীৰ লোকে তেওঁৰ যি স্বাগত কৰিছিল সেই কথা তেওঁ বাৰে বাৰে দোহাৰে৷ কাশীৰ গৌৰৱগান কৰে৷ কিছুদিন পূৰ্বে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মোৰ সৈতে ইয়ালৈ আহিছিল আৰু কাশীৰ জনতাই তেওঁক যি স্বাগতম জনালে, তেওঁক যি সন্মান প্ৰদৰ্শন কৰিলে, সমগ্ৰ ফ্ৰান্সে আজি গৌৰৱেৰে সেই কথা সদৰী কৰে৷ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়েও এই কথা কয়৷ এয়া কাশীৰ পৰম্পৰা, এয়া কাশীৰ আপোনত্ব৷ এই কাশীয়ে সমগ্ৰ বিশ্বতে নিজৰ সুগন্ধি বিয়পাইছে৷ এয়া কাশীৰ মৰম, অতুলনীয় স্নেহ৷ মোৰ কাশীৰ ভাতৃ-ভগ্নীসকল, আপোনালোকে পুনৰ বাৰ সুযোগ পাইছে কাশীৰৰ আত্মীয়তা, মৰম-চেনেহ, আতিথ্য বিশ্বৰ সন্মুখত প্ৰদৰ্শিত কৰিবলৈ৷ আপোনালোকে পূৰ্ণ প্ৰস্তুতি কৰিবনে? সুন্দৰ স্বাগতম জনাবনে? কাশীৰ নাম উজ্বলাবনে? এজন এজন অতিথিৰ গুণগান কৰিবনে? নিশ্চয়কৈ কৰিবনে? প্ৰতিজ্ঞা কৰক৷ চাওক, জানুৱাৰী মাহত ২১ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ কাশীত প্ৰৱাসী ভাৰতীয় দিৱসৰ আয়োজন কৰা হৈছে৷ সমগ্ৰ দেশৰ পৰা ভাৰতীয় লোক এই প্ৰৱাসী ভাৰতীয় দিৱসলৈ আহিব৷ সমগ্ৰ বিশ্বতে যিমানবোৰ ভাৰতীয় উদ্যোগপতি আছে, ৰাজনীতিত আছে, চৰকাৰত আছে, এই সকলো ব্যক্তি একেলগে ২১ৰ পৰা ২৩ জানুৱাৰীলৈ কাশীলৈ আহিব৷ কিছুমানটো এনে লোক আহিব যিসকলৰ তিনিটা বা চাৰিটা পুৰুষৰ পূৰ্বেই ভাৰত এৰি বিদেশলৈ গুচি গৈছে, তাৰ পিছৰে পৰা কেতিয়াও ঘূৰি অহা নাই৷ এনে লোকৰ সন্তানৰো প্ৰথমবাৰলৈ এই ভূমি দৰ্শন হ’ব৷ মোক কওক, এয়া কাশীবাসীৰ বাবে গৌৰৱৰ কথা হয়নে নহয়? এনেলোকৰ স্বাগতমৰ প্ৰস্তুতি আমি কৰিব লাগে নে নালাগে? প্ৰতিটো চুবুৰীত সমগ্ৰ বিশ্বৰ পৰা অহা অতিথিৰ স্বাগতমৰ পৰিৱেশ সৃষ্টি হ’ব লাগে নে নালাগে? সমগ্ৰ বিশ্বতে কাশীৰ বাহঃ বাহঃ হ’ব লাগে নে নালাগে? এতিয়াৰ পৰাই প্ৰস্তুতি কৰক আৰু ২১ৰ পৰা ২৩লৈ তেওঁলোক ইয়াত থাকিব আৰু সকলো অতিথি ২৪ তাৰিখে প্ৰয়াগৰাজ কুম্ভৰ দৰ্শনৰ বাবে যাব আৰু ২৬ জানুৱাৰীত দিল্লীলৈ যাব৷ মোৰ কাশীবাসীৰ পৰা মই আতিথ্যৰ আহ্বান কৰিছোঁ৷ আৰু মই এজন কাশীবাসীৰ ৰূপত আপোনালোকৰ কান্ধত কান্ধ মিলাই ২১ তাৰিখে আপোনালোকৰ সৈতে থাকিম৷ এই কাৰ্যক্ৰমত অন্তৰ্ভুক্ত হোৱাৰ বাবে সমগ্ৰ বিশ্বৰ পৰা ভাৰতৰ মানুহ আহি আছে৷ এয়া এক গুৰুত্বপূৰ্ণ ঘটনা আৰু সেইবাবে মই আপোনালোক সকলোকে তেওঁলোকৰ স্বাগতমৰ প্ৰস্তুতিৰ বাবে নিমন্ত্ৰণ জনাইছোঁ৷ মোৰ কাশীৰ ভাতৃ-ভগ্নীসকল, আজি মই আপোনালোকৰ মাজলৈ আহিবলৈ সুযোগ পালো৷ আপোনালোক সকলোলৈ অনেক যোজনাৰ উচৰ্গা তথা আধাৰশিলা স্থাপনৰ সুযোগ পালো৷ আপোনালোকৰ সাংসদৰ ৰূপত মোৰ এয়া দায়িত্ব যে মই আপোনালোকৰ যিমানেই কামত আহিম, যিমানেই পৰিশ্ৰম আপোনালোকৰ বাবে কৰিম, মই কৰি আছো, কৰি থাকিম৷ মই পুনৰ বাবে মোৰ কাশীবাসীক হৃদয়ৰ পৰা অভিনন্দন জনাইছোঁ৷ মোৰ সৈতে একেলগে কওক- হৰ হৰ মহাদেৱ৷ বহুত বহুত ধন্যবাদ৷
বাৰাণসীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%BE%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%B0-%E0%A6%AC%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%A8%E0%A6%BE%E0%A6%A5-%E0%A6%A7%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%BE%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%B0-%E0%A6%AC%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%A8%E0%A6%BE%E0%A6%A5-%E0%A6%A7%E0%A6%BE/
প্ৰধানমন্ত্ৰী শ্ৰী নেৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী বদ্ৰীনাথ মন্দিৰত দৰ্শন আৰু পূজা সম্পন্ন কৰে। মন্দিৰটোৰ অন্তঃস্থলত প্ৰধানমন্ত্ৰীয়ে প্ৰাৰ্থনা কৰে। ইফালে অলকানন্দা নৈৰ পাৰত ৰূপায়ণ কৰি থকা উন্নয়ণী কাৰ্যক্ৰমৰো তেওঁ খটিয়ান লয়। প্ৰধানমন্ত্ৰীৰ সৈতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামি আৰু ৰাজ্যপাল অৱসৰপ্ৰাপ্ত জেনেৰেল গুৰমিত্ সিঙেও এই যাত্ৰাত ভাগ লয়।
উত্তৰাখণ্ডৰ ‘বদ্ৰীনাথ ধাম’ত দৰ্শন আৰু পূজা সম্পন্ন কৰিলে প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AB-%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A6%A4-%E0%A6%B2%E0%A6%BE%E0%A6%9A%E0%A6%BF%E0%A6%A4-%E0%A6%AC%E0%A7%B0%E0%A6%AB%E0%A7%81%E0%A6%95%E0%A6%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%AB-%E0%A6%A8%E0%A7%B1%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A6%A4-%E0%A6%B2%E0%A6%BE%E0%A6%9A%E0%A6%BF%E0%A6%A4-%E0%A6%AC%E0%A7%B0%E0%A6%AB%E0%A7%81%E0%A6%95%E0%A6%A8/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ নৱেম্বৰ, ২০২২ৰ পুৱা ১১ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তীৰ বছৰজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব৷ প্ৰধানমন্ত্ৰীয়ে অখ্যাত বীৰসকলক উপযুক্তভাৱে সন্মান জনাবলৈ অহৰহ প্ৰচেষ্টা হাতত লৈ আহিছে। ইয়াৰ লগত সংগতি ৰাখি দেশে ২০২২ চনটো লাচিত বৰফুকনৰ ৪০০সংখ্যক বাৰ্ষিকী হিচাপে উদযাপন কৰিছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে গুৱাহাটীত এই উদযাপন অনুষ্ঠানৰ শুভাৰম্ভ কৰিছিল৷ লাচিত বৰফুকন (২৪ নৱেম্বৰ, ১৬২২—২৫ এপ্ৰিল, ১৬৭২) আছিল অসমৰ আহোম সাম্ৰাজ্যৰ প্ৰধান সেনাপতি আছিল, যি মোগলক পৰাস্ত কৰি ঔৰংজেৱৰ অধীনত মোগলৰ নিত্য সম্প্ৰসাৰিত উচ্চাকাংক্ষা সফলতাৰে অন্ত পেলাইছিল। লাচিত বৰফুকনে ১৬৭১ চনত শৰাইঘাটৰ যুদ্ধত অসমীয়া সৈন্যক অনুপ্ৰাণিত কৰি, মোগলক পৰাজিত কৰিছিল৷ লাচিত বৰফুকন আৰু তেওঁৰ সেনাবাহিনীৰ সাহসী যুঁদ্ধখন আমাৰ দেশৰ ইতিহাসত প্ৰতিৰোধৰ অন্যতম প্ৰেৰণাদায়ক সামৰিক কৃতিত্ব হৈ ৰৈছে৷
২৫ নৱেম্বৰত লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তীৰ বছৰজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%AA%E0%A7%A6-%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%95-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%97%E0%A6%A4%E0%A6%BF-%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%AA%E0%A7%A6-%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%95-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%97%E0%A6%A4%E0%A6%BF-%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%A4/
‘অমৃত সৰোৱৰ আঁচনি’ৰ অধীনত বিকশিত কৰা জলাশয়ৰ জৰিয়তে আন্তঃগাঁথনি নিৰ্মাণৰে জড়িত সংস্থাসমূহে তেওঁলোকৰ প্ৰকল্পসমূহৰ কামৰ খটিয়ান লোৱা উচিত : প্ৰধানমন্ত্ৰী পথৰ অধিকাৰ সম্পৰ্কীয় আবেদনৰ যথা সময়ত নিষ্পত্তি কৰাৰ বাবে ‘গতি-শক্তি সঞ্চাৰ প’ৰ্টেল’ৰ সহায় লোৱাৰ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে ‘প্ৰধানমন্ত্ৰী গতি-শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰপ্লেন’ৰ আৰ্হিত ৰাজ্য চৰকাৰসমূহেও ৰাজ্যিক পৰ্যায়ৰ ‘গতি-শক্তি মাষ্টাৰপ্লেন’ প্ৰস্তুত কৰিব পাৰে : প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰক জড়িত কৰি সক্ৰিয়-শাসনৰ লগতে সময় নিৰ্দ্ধাৰিত সূচীৰে ৰূপায়ণ সম্ভৱ কৰাৰ উদ্দেশ্যে গঠন কৰা ‘বহু-আৰ্হিযুক্ত আইচিটি’ ভিত্তিক মঞ্চ ‘প্ৰগতি’ৰ ৪০ সংখ্যক তাঙৰণত অধ্যক্ষতা কৰে। সভাত আঠটা প্ৰকল্প আৰু এটা কাৰ্যক্ৰমকে ধৰি ন-টা বিষয় পৰ্যালোচনাৰ বাবে গ্ৰহণ কৰা হয়। আঠটা প্ৰকল্পৰ দুটাকৈ প্ৰকল্প ক্ৰমে ৰে’ল মন্ত্ৰালয়, স্থলপথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় আৰু পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ। বাকী প্ৰকল্পকেইটা হ’ল ক্ৰমে শক্তি মন্ত্ৰালয়, জল সম্পদ বিভাগ আৰু ‘নদী আৰু গংগা উজ্জীৱিতকৰণ বিভাগ’ৰ। ৫৯,৯০০ কোটি টকা বিনিয়োগযোগ্য এইকেইটা প্ৰকল্পৰ সৈতে মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তামিল নাডু, চত্তিশগড়, ওড়িশা, অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড, ছিক্কিম আৰু ঝাৰখণ্ড জড়িত হৈ আছে। প্ৰধানমন্ত্ৰীয়ে ‘অমৃত সৰোৱৰ’ আঁচনিৰ অধীনত বিকশিত কৰা জলাশয়ৰ জৰিয়তে আন্তঃগাঁথনি নিৰ্মাণৰে জড়িত সংস্থাসমূহে তেওঁলোকৰ প্ৰকল্পসমূহ কামৰ খটিয়ান লোৱা উচিত বুলি মন্তব্য কৰে। এয়া সকলো পক্ষৰ বাবেই লাভদায়ক হ’ব বুলি মন্তব্য কৰা প্ৰধানমন্ত্ৰীয়ে কয় যে ‘অমৃত সৰোৱৰ’ৰ বাবে খন্দা মাটি অন্যান্য সংস্থাসমূহৰ নিৰ্মাণ-প্ৰকল্পত ব্যৱহাৰ কৰিব পৰা যাব। বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰীয় ব্ৰডবেণ্ড মিছন’ কাৰ্যক্ৰমৰো পৰ্যালোচনা কৰে। তেওঁ ৰাজ্য চৰকাৰসমূহৰ লগতে সংশ্লিষ্ট সংস্থাসমূহক পথৰ অধিকাৰ(ৰাইট টু ৱে’) সম্পৰ্কীয় আবেদনৰ যথা সময়ত নিষ্পত্তি কৰাৰ বাবে ‘গতি-শক্তি সঞ্চাৰ প’ৰ্টেল’ৰ সহায় লোৱাৰ বাবে আহ্বান জনায়। ইয়ে মিছনৰ কাম-কাজ ত্বৰান্বিত কৰাত সহায় কৰিব। সমান্তৰাল ভাবে, সৰ্ব সাধাৰণ মানুহৰ জীৱন অধিক স্বাচ্ছন্দ্যপূৰ্ণ কৰি তোলাৰ বাবে প্ৰযুক্তিৰ সদ্ব্যৱহাৰ কৰাটো গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে। ‘প্ৰধানমন্ত্ৰী গতি-শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰপ্লেন’ৰ আৰ্হিত ৰাজ্যচৰকাৰসমূহেও ৰাজ্যিক পৰ্যায়ৰ ‘গতি-শক্তি মাষ্টাৰপ্লেন’ প্ৰস্তুত কৰাৰ লগতে এই উদ্দেশ্য ৰাজ্যিক পৰ্যায়ৰ গোট গঠন কৰিব পাৰে বুলিও মন্তব্য কৰে মোদীয়ে। ইয়ে পৰিকল্পনাসমূহক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলোৱাৰ লগতে প্ৰকল্পসমূহ নিৰ্দ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিব। ‘প্ৰগতি’ৰ ৩৯ সংখ্যক তাঙৰণ পৰ্যন্ত সভাত ১৪.৮২ লাখ কোটি টকা ব্যয়সাপেক্ষ মুঠ ৩১১ টা প্ৰকল্পৰ পৰ্যালোচনা কৰা হয়।
৪০ সংখ্যক ‘প্ৰগতি’ বাৰ্তালাপত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়ে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A6%95-%E0%A6%B8%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A7%8E-%E0%A6%9A/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A6%95-%E0%A6%B8%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A7%8E-%E0%A6%9A/
চীনৰ ষ্টেট কাউন্সেলৰ তথা প্রতিৰক্ষা মন্ত্রী জেনেৰেল ৱেই ফিংঘেই আজি প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰে। প্রধানমন্ত্রী মোদীয়ে প্রতিৰক্ষা আৰু সামৰিক ক্ষেত্রত আদান-প্রদানকে ধৰি ভাৰত আৰু চীনৰ মাজত সকলো পৰ্যায়ত উন্নত যোগাযোগ বৃদ্ধিৰ বিষয়ত প্রশংসা কৰে। ভাৰত-চীন সম্পর্কক বিশ্বৰ সুস্থিৰতা ৰক্ষাৰ এক গুৰুত্বপূর্ণ বিষয় হিচাপে উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে সীমান্তত শান্তি আৰু সুস্থিৰতা বজাই ৰখা ভাৰত আৰু চীন উভয়েই সজাগতা আৰু পৰিপক্কতাৰ ইংগিত বহন কৰাৰ লগতে প্রয়োজনত নিজৰ মাজত সকলো ধৰণৰ মতনৈক্য দূৰ কৰি এনে বিতর্কৰ পৰা আতৰি থকাৰ কথাও প্রধানমন্ত্রীয়ে উল্লেখ কৰে। প্রধানমন্ত্রী মোদীয়ে শেহতীয়াকৈ চীনৰ ৰাষ্ট্রপতি জি জিনপিঙৰ সৈতে উহান. কুইনডাও আৰু জোহান্সবার্গত বৈঠকত মিলিত হোৱাৰ কথাও স্মৰণ কৰে।
প্রধানমন্ত্রীক সাক্ষাৎ চীনৰ ষ্টেট কাউন্সেলৰ তথা প্রতিৰক্ষা মন্ত্রী জেনেৰেল ৱেই ফিংঘেৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A1%E0%A6%BF%E0%A6%9C%E0%A7%87%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A7%B0-%E0%A7%B0%E0%A6%BF%E0%A6%9C%E0%A7%87%E0%A6%B2%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%9F-%E0%A6%87/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A1%E0%A6%BF%E0%A6%9C%E0%A7%87%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A7%B0-%E0%A7%B0%E0%A6%BF%E0%A6%9C%E0%A7%87%E0%A6%B2%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%9F-%E0%A6%87/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘ডিজেষ্টাৰ ৰিজেলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকশ্যাৰ’ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ চতুৰ্থ তাঙৰণৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই অধিৱেশনত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী সন্মানীয় এমপি, স্কট মৰিছন, ঘানাৰ ৰাষ্ট্ৰপতি মহামহিম নানা এড্ডো ডানকৱৈ একুফো-এড্ডো, জাপানৰ প্ৰধানমন্ত্ৰী মাননীয়, ফিউমিঅ’ কিশ্বিডা আৰু মাডাগাস্কাৰৰ ৰাষ্ট্ৰপতি মহামহিম এণ্ড্ৰী নিৰিনা ৰাজোয়েলিনাইয়ো ভাষণ দিয়ে। ভাষণৰ আৰম্ভণীতে প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে সমবেত সকলক সোঁৱৰাই দি কয় যে বহণক্ষম উন্নয়ণৰ লক্ষ্যৰ বাবে গ্ৰহণ কৰা পবিত্ৰ প্ৰতিজ্ঞাই কাকো পিচ পৰি থাকিবলৈ নিদিয়ে। সেয়ে, “আমি পৰৱৰ্তি প্ৰজন্মৰ আন্তঃগাঁথনি নিৰ্মাণৰে তেওঁলোকৰ আশা-আকাংক্ষা পূৰণ কৰি অতি দৰিদ্ৰ আৰু পীড়িতসকলৰ প্ৰয়োজনীয়তাসমূহ পূৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ ৰ’ব লাগিব। আন্তঃগাঁথনিসমূহ মানুহৰ বাবেহে নিৰ্মাণ কৰা হয়, সেয়ে, ন্যায়সংগত ভাবে উচ্চ মানৰ, নিৰ্ভৰযোগ্য আৰু বহণক্ষম সেৱাসমূহ প্ৰদানত গুৰুত্ব দিব লাগিব”। এই প্ৰসংগত তেওঁ কয়, “মানুহক অন্তৰত লৈহে যিকোনো ধৰণৰ আন্তঃগাঁথনি বিকাশৰ অভিযান আগবাঢ়িব লাগিব। আমাৰ ভাৰতত আমি ঠিক তাকেই কৰিছো”। শিক্ষা, স্বাস্থ্য, খোৱা পানী, অনাময়, বিদ্যুত, পৰিবহণকে ধৰি বুনিয়াদী সেৱাসমূহ প্ৰদানৰ ক্ষেত্ৰত ভাৰতে অন্য মাত্ৰা লাভ কৰাৰ পৰতে জলবায়ু পৰিৱৰ্তনে উদ্ভৱ কৰা পৰিস্থিতি চম্ভলাৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে মোডীয়ে। এই প্ৰসংগত তেওঁ কয়, “আমি বৰ পোনপোতীয়াকৈয়ে জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰা পৰিস্থিতি চম্ভলাৰ পদক্ষেপ গ্ৰহণ কৰিছো। সেয়ে, ‘চিঅ’পি-২৬’ত আমি আমাৰ উন্নয়ণী প্ৰয়াসৰ সমান্তৰালকৈয়ে ২০৭০ চনৰ ভিতৰত ‘নেট জিৰো’-ৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছো”। মানৱীয় সম্ভাৱনীয়তাসমূহৰ স্ফুৰণৰ বাবে আন্তঃগাঁথনিসমূহৰ গুৰুত্বৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আন্তঃগাঁথনিৰ ক্ষতিয়ে প্ৰজন্মৰ পিচত প্ৰজন্মক দীৰ্ঘম্যাদী ক্ষতিৰ সন্মুখীন কৰায়। এই প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে “আমাৰ হাতত উপলব্ধ আধুনিক প্ৰযুক্তি আৰু জ্ঞনৰ আধাৰত সুদীৰ্ঘদিন ধৰি বৰ্তি থাকিব পৰা নমনীয় আন্তঃগাঁথনি নিৰ্মাণ কৰিব নোৱাৰোনে” বুলি প্ৰশ্নৰ অৱতাৰণা কৰে। এই প্ৰত্যাহ্বানক স্বীকাৰ কৰিয়েই ‘চিডিআৰআই’-ৰ সৃষ্টিৰ প্ৰসংগও তেওঁ উল্লেখ কৰে। “ইতিমধ্যে এই মৰ্চা সম্প্ৰসাৰিত হৈছে আৰু ই বহুমূলীয়া অৱদানো আগবঢ়াবলৈ সক্ষম হৈছে” বুলি তেওঁ অভিমত ব্যক্ত কৰে। তেওঁ ‘চিঅ’পি’ত ঘোষণা কৰা ‘নমনীয় দ্বীপ ৰাষ্ট্ৰৰ বাবে আন্তঃগাঁথনি’ সম্পৰ্কীয় কাৰ্যক্ৰমৰ কথা উল্লেখ কৰাৰ লগতে পৃথিৱীৰ ১৫০টা বিমান বন্দৰৰ আন্তঃগাঁথনি অধ্যয়ণৰে ‘চিডিআৰআই’য়ে নমনীয় বিমানবন্দৰ কামত ব্ৰতী হোৱাৰ কথা উল্লেখ কৰে। ‘চিডিআৰআই’-ৰ নেতৃত্বত চলি থকা ‘গ্লোবেল এছেছমেণ্ট অব ডিজেষ্টাৰ ৰিজেলিয়েন্স অব ইনফ্ৰাষ্ট্ৰাকশ্যাৰ ছিষ্টেমছ’ গোলকীয় জ্ঞান সৃষ্টিৰ ক্ষেত্ৰ সহায়ক হ’ব, যি আক্ষৰিক অৰ্থতে মহামূল্যবান হ’ব বুলি তথ্য দাঙি ধৰে শ্ৰী মোদীয়ে। তেওঁ ভৱিষ্যতক সুৰক্ষিত কৰাৰ বাবে নমনীয় আন্তঃগাঁথনি ৰূপান্তৰণৰ দিশত কাম কৰাত গুৰুত্ব আৰোপ কৰি কয় যে “আমি যদি আমাৰ আন্তঃগাঁথনিসমূহ নমনীয়কৈ গঢ়ি তোলো তেন্তে আমি কেৱল আমাৰ বাবেই দুৰ্যোগক প্ৰতিৰোধ নকৰিম, বৰং ভৱিষ্যতৰ বহু প্ৰজন্মৰ বাবেও এই প্ৰতিৰোধ অব্যাহত থাকিব”। এই অধিৱেশনত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী, সন্মানীয় এমপি, স্কট মৰিছন, ঘানাৰ ৰাষ্ট্ৰপতি মহামহিম নানা এড্ডো ডানকৱৈ একুফো-এড্ডো, জাপানৰ প্ৰধানমন্ত্ৰী মাননীয়, ফিউমিঅ’ কিশ্বিডা আৰু মাডাগাস্কাৰৰ ৰাষ্ট্ৰপতি মহামহিম, এণ্ড্ৰী নিৰিনা ৰাজোয়েলিনাইয়ো ভাষণ দিয়ে।
‘ডিজেষ্টাৰ ৰিজেলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকশ্যাৰ’ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ চতুৰ্থ তাঙৰণৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A6%97%E0%A6%A1%E0%A6%BC-%E0%A6%AA%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A6%97%E0%A6%A1%E0%A6%BC-%E0%A6%AA%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A6%A4/
ভাৰত মাতাৰ জয় ৷ ভাৰত মাতাৰ জয় ৷ ৰাজস্থানৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী অশোক গেহলটজী, মধ্য প্ৰদেশৰ ৰাজ্যপাল আৰু জনজাতীয় সমাজৰ মহান নেতা শ্ৰী মংগুভাই পেটেল, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং জী চৌহান, মন্ত্ৰী পৰিষদৰ মোৰ সহকৰ্মী শ্ৰী ফগ্গান সিং কুলস্তে জী, শ্ৰী অৰ্জুন মেঘৱালজী, বিভিন্ন সংগঠনৰ বিশিষ্ট ব্যক্তিত্বসকল, সাংসদ, বিধায়ক আৰু মোৰ পুৰণি বন্ধুসকল, জনজাতীয় সমাজৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰা ভাতৃ মহেশজী আৰু মোৰ মৰমৰ জনজাতীয় ভাই-ভনীসকল যিসকল দূৰ-দূৰণিৰ পৰা মানগড় ধামলৈ আহিছে। এইটো মোৰ বাবে সুখৰ বিষয় যে আজি মই আকৌ এবাৰ আহি মানগড়ৰ এই পবিত্ৰ ভূমিত মূৰ দোৱাই নমস্কাৰ কৰাৰ সুযোগ পাইছো। মুখ্যমন্ত্ৰী হিচাপে, অশোকজী আৰু আমি একেলগে কাম কৰিছিলো আৰু অশোকজী আমাৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত জ্যেষ্ঠ আছিল, তেওঁ এতিয়া জ্যেষ্ঠতম মুখ্যমন্ত্ৰী। আৰু আনকি আমি এই মুহূৰ্তত বহি থকা মঞ্চতো অশোকজী জ্যেষ্ঠ মুখ্যমন্ত্ৰীসকলৰ মাজৰ এজন। বন্ধুসকল, স্বাধীনতাৰ অমৃত মহোৎসৱত মানগড় ধামলৈ অহাটো আমাৰ সকলোৰে বাবে এক অনুপ্ৰেৰণাৰ দৰে, ই আমাৰ বাবে আনন্দৰ কথা। মানগড় ধাম হৈছে জনজাতীয় নায়ক আৰু নায়িকাসকলৰ তপ-ত্যাগ-তপস্যা আৰু দেশপ্ৰেমৰ প্ৰতিফলন। ই হৈছে ৰাজস্থান, গুজৰাট, মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ অংশীদাৰী ঐতিহ্য। কালি অৰ্থাৎ ৩০ অক্টোবৰৰ আগদিনা গোবিন্দ গুৰুজীৰ মৃত্যু বাৰ্ষিকী আছিল। সকলো দেশবাসীৰ হৈ মই আকৌ এবাৰ গোবিন্দ গুৰুজীক শ্ৰদ্ধাঞ্জলি জনাইছো। মই গোবিন্দ গুৰুজীৰ তপস্যা, তেওঁৰ চিন্তা আৰু আদৰ্শক অভিবাদন জনাইছো। ভাতৃ আৰু ভগ্নীসকল, গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে, মই গুজৰাটত পৰা মানগড় অঞ্চলত সেৱা আগবঢ়োৱাৰ সৌভাগ্য লাভ কৰিছিলো। গোবিন্দ গুৰুৱেও তেওঁৰ জীৱনৰ শেষৰ বছৰবোৰ এই একেটা অঞ্চলতে অতিবাহিত কৰিছিল। তেওঁৰ শক্তি, তেওঁৰ শিক্ষা এতিয়াও এই ভূমিত অনুভৱ কৰা হয়। মই বিশেষকৈ আমাৰ কাটাৰা কংকমলজী আৰু আজি ইয়াত সমাজৰ ওচৰত মূৰ দোৱাই নমস্কাৰ কৰিব বিচাৰো। যেতিয়া মই আগেয়ে ইয়ালৈ আহিছিলো, এইটো এটা সম্পূৰ্ণ নিৰ্জন এলেকা আছিল আৰু মই এই সন্দৰ্ভত অনুৰোধ কৰিছিলো, মই আজি বন মহোৎসৱৰ জৰিয়তে ইমান সন্তুষ্ট হৈছোঁ, মই চাৰিওফালে সেউজীয়া দেখিছোঁ। আজি, আপোনালোকে সম্পূৰ্ণ ভক্তিৰে অৰণ্যৰ বিকাশৰ বাবে কৰা কামৰ বাবে, মই ইয়াত থকা সকলো সহকৰ্মীক হৃদয়েৰে অভিনন্দন জনাইছো। বন্ধুসকল, যেতিয়া সেই অঞ্চলত উন্নয়ন হ’ল, যেতিয়া ৰাস্তা নিৰ্মাণ কৰা হ’ল, তাত থকা লোকসকলৰ জীৱন কেৱল উন্নতেই নহয়, গোবিন্দ গুৰুৰ শিক্ষাও বিস্তাৰিত হ’ল। বন্ধুসকল, গোবিন্দ গুৰুৰ দৰে মহান স্বাধীনতা সংগ্ৰামীসকল ভাৰতৰ পৰম্পৰা, ভাৰতৰ আদৰ্শৰ প্ৰতিনিধি আছিল। তেওঁ কোনো ৰাজ্যৰ ৰজা নাছিল, কিন্তু তথাপিও তেওঁ লাখ লাখ জনজাতীয় লোকৰ নায়ক আছিল। তেওঁৰ জীৱনত নিজৰ পৰিয়াল হেৰুৱাবলগীয়া হৈছিল, কিন্তু কেতিয়াও সাহস হেৰুওৱা নাছিল। তেওঁ প্ৰতিজন জনজাতীয়, প্ৰতিজন দৰিদ্ৰ আৰু ভাৰতীয়ক তেওঁৰ পৰিয়াল হিচাপে ভাবিছিল। যদি গোবিন্দ গুৰুৱে জনজাতীয় সমাজৰ শোষণৰ বিৰুদ্ধে ব্ৰিটিছ শাসনৰ সৈতে সংগ্ৰামৰ বিগুল বজাইছিল, তেন্তে তেওঁ সমাজৰ কুফলৰ বিৰুদ্ধেও যুঁজ দিছিল। তেওঁ এজন সামাজিক সংস্কাৰকো আছিল। তেওঁ এজন আধ্যাত্মিক গুৰুও আছিল। তেওঁ এজন সাধুও আছিল। তেওঁ এজন জননেতাও আছিল। তেওঁৰ জীৱনত সাহস, সাহসিকতাৰ দৰ্শন যিমান মহান, তেওঁৰ দাৰ্শনিক আৰু বৌদ্ধিক চিন্তাধাৰাও সিমানেই উচ্চ । গোবিন্দ গুৰুৰ সেই চিন্তা, সেই উপলব্ধি এতিয়াও মানগড় ধামত তেওঁৰ 'ধুনি'ৰ ৰূপত আলোকিত হৈ আছে। আৰু তেওঁৰ 'সম্পা সভা' চাওক শব্দটো কিমান স্পৰ্শকাতৰ, 'সম্পা সভা'ই সমাজৰ প্ৰতিটো শ্ৰেণীত সহানুভূতিৰ অনুভূতি সৃষ্টি কৰে, সেয়েহে তেওঁৰ 'সম্পা সভা'ৰ আদৰ্শই এতিয়াও সংহতি, প্ৰেম আৰু ভাতৃত্ববোধক অনুপ্ৰেৰণা যোগাই আছে। তেওঁৰ ভক্ত অনুগামীসকলে এতিয়াও ভাৰতৰ আধ্যাত্মিকতাক আগবঢ়াই নিছে। বন্ধুসকল, ১৯১৩ চনৰ ১৭ নৱেম্বৰত মানগড়ত সংঘটিত এই গণহত্যা ব্ৰিটিছ শাসনৰ নিষ্ঠুৰতাৰ প্ৰতীক আছিল। এফালে, স্বাধীনতাৰ প্ৰতি আনুগত্য থকা নিৰীহ জনজাতীয় ভাই-ভনীসকল আৰু আনফালে, পৃথিৱীত দাসত্ব ত্বৰান্বিত কৰাৰ চিন্তা। মানগড়ৰ এই পাহাৰত ব্ৰিটিছ চৰকাৰে ডেৰ হাজাৰৰো অধিক যুৱক, বৃদ্ধ, মহিলাক আগুৰি ধৰিছিল আৰু তেওঁলোকক হত্যা কৰিছিল। আপোনালোকে কল্পনা কৰিব পাৰেনে, ১,৫০০ত কৈও অধিক লোকক জঘন্যভাৱে হত্যা কৰাৰ পাপ একেসময়তে সংঘটিত হৈছিল। দুৰ্ভাগ্যবশতঃ, জনজাতীয় সমাজৰ এই সংগ্ৰাম আৰু ত্যাগে স্বাধীনতাৰ পিছত লিখা ইতিহাসত যি স্থান পাব লাগিছিল সেই স্থান পোৱা নাছিল। আজি দেশখনে স্বাধীনতাৰ অমৃত মহোৎসৱত সেই খালী ঠাই পূৰণ কৰিছে। আজি, দেশখনে সেই দশকৰ আগৰ ভুলবোৰ সংশোধন কৰি আছে। বন্ধুসকল, ভাৰতৰ অতীত, ভাৰতৰ ইতিহাস, ভাৰতৰ বৰ্তমান আৰু ভাৰতৰ ভৱিষ্যত জনজাতীয় সমাজ অবিহনে সম্পূৰ্ণ নহয়। আনকি আমাৰ স্বাধীনতা সংগ্ৰামৰ পদক্ষেপসমূহো, ইতিহাসৰ পৃষ্ঠাতো জনজাতীয় সাহসিকতাৰে ভৰি আছে। আনকি ১৮৫৭ চনৰ বিপ্লৱৰ আগতেই জনজাতীয় সমাজে বিদেশী শাসনৰ বিৰুদ্ধে সংগ্ৰামৰ বিগুল বজাইছিল। ১৭৮০ চনত, আপোনালোকে চিন্তা কৰক, ১৮৫৭ চনৰ আগতে, ১৭৮০ চনত সন্তলত তিলকা মাঁঝিৰ নেতৃত্বত 'দামিন সত্যাগ্ৰহ'ৰ যুঁজ দিয়া হৈছিল। ১৮৩০-৩২ চনত বুধু ভগতৰ নেতৃত্বত দেশখনে 'লাৰ্কা আন্দোলন'ৰ সাক্ষী হয়। ১৮৫৫ চনত স্বাধীনতাৰ শিখা 'সিন্ধু কানহু বিপ্লৱ'ৰ ৰূপত জ্বলি উঠে। একেদৰে, ভগৱান বিৰচা মুণ্ডাই লাখ লাখ জনজাতীয় লোকৰ মাজত বিপ্লৱৰ শিখা জ্বলাই ছিল। তেওঁ খুব কম বয়সতে গুচি গৈছিল। কিন্তু তেওঁৰ শক্তি, তেওঁৰ দেশপ্ৰেম আৰু তেওঁৰ সাহস 'তানা ভগত আন্দোলন'ৰ দৰে বিপ্লৱৰ আধাৰ হৈ পৰিছিল। বন্ধুসকল, দাসত্বৰ প্ৰাৰম্ভিক শতিকাৰ পৰা বিংশ শতিকাৰ লৈকে, আপোনালোকে এনে কোনো সময় নেদেখিব য’ত জনজাতীয় সমাজৰ স্বাধীনতা সংগ্ৰামত অৱদান নাই। অন্ধ্ৰ প্ৰদেশত, 'আল্লুৰী সীতাৰাম ৰাম ৰাজু গাৰু'ৰ নেতৃত্বত জনজাতীয় সমাজে 'ৰামপা বিপ্লৱ'ক এক নতুন দিশ প্ৰদান কৰিছিল। আৰু ৰাজস্থানৰ এই ভূমি তাৰ বহু আগতেই জনজাতীয় সমাজৰ দেশপ্ৰেমৰ সাক্ষী হৈ আহিছে। এই ভূমিত, আমাৰ জনজাতীয় ভাই-ভনীসকলে মহাৰাণা প্ৰতাপৰ সৈতে তেওঁৰ শক্তি হিচাপে থিয় দিছিল। বন্ধুসকল, আমি জনজাতীয় সমাজৰ ত্যাগৰ বাবে ঋণী। আমি তেওঁলোকৰ অৱদানৰ বাবে ঋণী। এই সমাজৰ পৰা, এই প্ৰকৃতিৰ পৰা পৰিৱেশলৈকে, সংস্কৃতিৰ পৰা পৰম্পৰালৈকে, ভাৰতৰ চৰিত্ৰ সংৰক্ষণ কৰা হৈছে। আজি সময় হৈছে দেশৰ বাবে এই ঋণৰ বাবে জনজাতীয় সমাজক সেৱা আগবঢ়োৱাৰ, এই অৱদানৰ বাবে আৰু তেওঁলোকক ধন্যবাদ জনোৱাৰ। এই আত্মাই যোৱা ৮ বছৰ ধৰি আমাৰ প্ৰচেষ্টাক শক্তি প্ৰদান কৰি আহিছে। আজিৰ পৰা কেইদিনমানৰ ভিতৰতে, ১৫ নৱেম্বৰত ভগৱান বিৰচা মুণ্ডাৰ জন্ম জয়ন্তীত দেশখনে 'জনজাতীয় গৌৰৱ দিৱস' উদযাপন কৰিব। জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি সমৰ্পিত বিশেষ সংগ্ৰহালয়সমূহ আজি সমগ্ৰ দেশতে নিৰ্মাণ কৰা হৈছে যাতে জনজাতীয় সমাজৰ অতীত আৰু ইতিহাস জনসাধাৰণৰ মাজলৈ লৈ যোৱা যায়। আমাৰ প্ৰজন্মই যি বিশাল উত্তৰাধিকাৰৰ পৰা বঞ্চিত হৈছিল সেয়া এতিয়া তেওঁলোকৰ চিন্তাধাৰা, তেওঁলোকৰ চিন্তা ধাৰণ আৰু তেওঁলোকৰ অনুপ্ৰেৰণাৰ অংশ হ'ব। ভাতৃ আৰু ভগ্নীসকল, দেশত জনজাতীয় সমাজৰ সম্প্ৰসাৰণ আৰু ভূমিকা ইমান ডাঙৰ যে আমি ইয়াৰ বাবে নিষ্ঠাৰে কাম কৰিব লাগিব। ৰাজস্থান আৰু গুজৰাটৰ পৰা উত্তৰ-পূব আৰু ওড়িশালৈকে, আজি দেশখনে এক বৈচিত্ৰ্যপূৰ্ণ জনজাতীয় সমাজৰ সেৱাৰ বাবে স্পষ্ট নীতিৰে কাম কৰি আছে। 'বনবন্ধু কল্যাণ যোজনা'ৰ জৰিয়তে আজি জনজাতীয় লোকসকলক পানী, বিদ্যুৎ, শিক্ষা, স্বাস্থ্য আৰু নিযুক্তিৰ সুযোগৰ সৈতে সংযুক্ত কৰা হৈছে। আজি দেশত বনাঞ্চলো বৃদ্ধি পাইছে, বন সম্পদো সুৰক্ষিত কৰা হৈছে, আৰু একে সময়তে জনজাতীয় অঞ্চলসমূহো ডিজিটেল ইণ্ডিয়াৰ সৈতে সংযুক্ত হৈ আছে। পৰম্পৰাগত দক্ষতাৰ লগতে জনজাতীয় যুৱক-যুৱতীসকলে যাতে আধুনিক শিক্ষাৰ সুযোগ লাভ কৰে তাৰ বাবে 'একলব্য আৱাসিক বিদ্যালয়' মুকলি কৰা হৈছে। ইয়াত এই কাৰ্যসূচীৰ পিছত, মই জাম্বুঘোদালৈ গৈ আছোঁ য'ত মই গোবিন্দ গুৰুজীৰ নামেৰে নামাকৰণ কৰা বিশ্ববিদ্যালয়খনৰ বিশাল প্ৰশাসনিক চৌহদ উদ্বোধন কৰিম। বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ অহাৰ সময়ত মোৰ আন এটা কথা ক'বলৈ মন গৈছে। আপোনালোকে নিশ্চয় দেখিছে, যোৱা সন্ধিয়া, মই আহমেদাবাদৰ পৰা উদয়পুৰ ব্ৰডগজ লাইনলৈ চলি থকা এখন ৰেলৰ ফ্লেগ অফ কৰাৰ সুযোগ পাইছিলো। এই ৩০০ কিলোমিটাৰ দীঘল ৰেলপথটো ব্ৰডগজলৈ ৰূপান্তৰ কৰাটো আমাৰ ৰাজস্থানৰ ভাই-ভনীসকলৰ বাবেও অতি গুৰুত্বপূৰ্ণ। এই পৰিৱৰ্তনৰ সৈতে, ৰাজস্থানৰ বহুতো জনজাতীয় অঞ্চল গুজৰাটৰ জনজাতীয় অঞ্চলৰ সৈতে সংযুক্ত কৰা হ'ব। এই নতুন ৰে'লপথটোৱে ৰাজস্থানৰ পৰ্যটনকো লাভান্বিত কৰিব, ই ইয়াত ঔদ্যোগিক বিকাশতো সহায় কৰিব। ই যুৱসকলৰ বাবে নতুন নিযুক্তিৰ সুযোগো সৃষ্টি কৰিব। বন্ধুসকল, এতিয়া মানগড় ধামৰ সামগ্ৰিক বিকাশৰ বিষয়েও আলোচনা হৈছে। মানগড় ধামৰ বিশাল সম্প্ৰসাৰণৰ বাবে আমাৰ সকলোৰে এক তীব্ৰ আকাংক্ষা আছে। ইয়াৰ বাবে ৰাজস্থান, গুজৰাট, মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰই একেলগে কাম কৰিব লাগিব। মই ইয়াত থকা চাৰিখন ৰাজ্য আৰু চৰকাৰক এই দিশত বিতংভাৱে আলোচনা কৰিবলৈ, এক ৰোডমেপ প্ৰস্তুত কৰিবলৈ অনুৰোধ জনাইছো, যাতে গোবিন্দ গুৰুজীৰ এই স্মাৰক স্থানটোৱে সমগ্ৰ বিশ্বতে ইয়াৰ পৰিচয় প্ৰস্তুত কৰে। মই নিশ্চিত যে মানগড় ধামৰ বিকাশে এই অঞ্চলটোক নতুন প্ৰজন্মৰ বাবে এক জাগ্ৰত অনুপ্ৰেৰণাৰ স্থান কৰি তুলিব। আৰু মই এইটো আশ্বাস দিছো, কিয়নো আমি বহু দিন ধৰি আলোচনা কৰি আছো। যিমান সোনকালে পাৰি আমি সিমান অধিক ক্ষেত্ৰ নিৰ্ধাৰণ কৰিম, তাৰ পিছত একেলগে আৰু ভাৰত চৰকাৰৰ নেতৃত্বত, আমি ইয়াক আৰু অধিক বিকাশ কৰিম। ইয়াক ৰাষ্ট্ৰীয় স্মাৰক বুলি ক'ব পাৰি, কোনোবাই ইয়াক সংকলিত প্ৰণালী বুলি ক'ব পাৰে ৷ ভাৰত চৰকাৰ আৰু এই চাৰিখন ৰাজ্যৰ জনজাতীয় সমাজৰ মাজত পোনপটীয়া সম্পৰ্ক আছে। এই চাৰিখন ৰাজ্য আৰু ভাৰত চৰকাৰে একেলগে ইয়াক নতুন উচ্চতালৈ লৈ যাব লাগিব, সেই দিশত ভাৰত চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। মই আকৌ এবাৰ আপোনালোকক শুভকামনা জনাইছো। মই গোবিন্দ গুৰুৰ চৰণত নমস্কাৰ জনাইছো, তেওঁৰ কণ্ঠৰ পৰা পোৱা অনুপ্ৰেৰণাৰে, আমি সকলোৱে জনজাতীয় সমাজৰ কল্যাণৰ প্ৰতিশ্ৰুতি লৈ ওলাই আহোঁ, এয়া আপোনালোক সকলোৰে প্ৰতি মোৰ প্ৰাৰ্থনা। অশেষ ধন্যবাদ!
ৰাজস্থানৰ মানগড় পাহাৰত ‘মানগড় ধাম কী গৌৰৱ গাঁথা’ শীৰ্ষক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা অসমীয়া অনুবা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%AE%E0%A6%A8-%E0%A6%95%E0%A7%80-%E0%A6%AC%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%AE%E0%A6%A8-%E0%A6%95%E0%A7%80-%E0%A6%AC%E0%A6%BE/
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ ৩ অক্টোবৰ ২০১৪ তাৰিখ আছিল বিজয়া দশমীৰ উৎসৱ৷ ‘মন কী বাত’ৰ জৰিয়তে আমি সকলোৱে মিলি এক যাত্ৰাৰ আৰম্ভ কৰিছিলো৷ ‘মন কী বাত’, এই যাত্ৰাৰ আজি ৫০তম খণ্ড সম্পূৰ্ণ হৈছে৷ সেই অনুসৰি আজি এয়া সোণালী জয়ন্তীৰ স্বৰ্ণিম খণ্ড৷ এইবাৰ আপোনালোকৰ যি পত্ৰ আৰু ফোন আমি লাভ কৰিছো সেয়া অধিক সংখ্যাত ৫০তম খণ্ডৰ সন্দৰ্ভতেই আহিছে৷ মাই গভত দিল্লীৰ অংশু কুমাপ, অমৰ কুমাৰ আৰু পাটনাৰ পৰা বিকাশ যাদৱ, ঠিক সেইদৰে নৰেন্দ্ৰ মোদীৰ এপত দিল্লীৰ মণিকা জৈন, পশ্চিম বংগৰ বৰ্ধমানৰ প্ৰসেনজিৎ চৰকাৰ আৰু নাগপুৰৰ সংগীতা শাস্ত্ৰী, এওঁলোক সকলোৱে প্ৰায় একেধৰণৰ প্ৰশ্নই সুধিছে৷ তেওঁলোকে কৈছে যে প্ৰায়েই জনতাই আপোনাক শেহতীয়া প্ৰযুক্তি, ছ’চিয়েল মিডিয়া আৰু ম’বাইল এপৰ জৰিয়তে যোগাযোগ কৰে, কিন্তু আপুনি জনতাৰ সৈতে জড়িত হোৱাৰ বাবে ৰেডিঅ’ কিয় বাচনি কৰিলে? আপোনালোকৰ এই জিজ্ঞাসা স্বাভাৱিক৷ কিয়নো আজিৰ যুগত যিসময়ত মানুহে ৰেডিঅ’ৰ কথা পাহৰি গৈছিল সেই সময়ত মোদীয়ে এই ৰেডিঅ’ লৈ কিয় আহিল? মই আপোনালোকক এটা ঘটনাৰ বিষয়ে ক’ব বিচাৰিছো৷ এয়া ১৯৯৮ চনৰ কথা৷ মই ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনৰ কৰ্মী হিচাপে হিমাচল প্ৰদেশত কাম কৰিছিলো৷ মে’ মাহ আছিল আৰু মই সন্ধিয়াৰ সময়ত ভ্ৰমণ কৰি কোনো এক স্থানলৈ গৈ আছিলো৷ হিমাচলৰ পাহাৰত সন্ধিয়া শীত নামে৷ সেয়ে পথৰ কাষৰ এখন ধাবাত ৰৈ চাহৰ বাবে অৰ্ডাৰ দিলো৷ সেইখন এখন সৰু ধাবা আছিল, তাত এজন ব্যক্তিয়েই নিজেই চাহ বনাই নিজেই বিক্ৰী কৰিছিল৷ গৰম কাপোৰো বিশেষ পিন্ধা নাছিল আৰু পথৰ কাষত সৰু ঠেলা এখন লগাই তেওঁ থিয় দি আছিল৷ তেওঁৰ ওচৰত থকা আইনাৰ পাত্ৰৰ পৰা লাড়ু উলিয়াই ক’লে– চাহাব, চাহ খোৱাৰ পূৰ্বে এই লাড়ুটো খাওক৷ মুখখন মিঠা কৰক৷ মইও আচৰিত হ’লো, সুধিলো, ঘৰত বিয়া–বাৰুৰ কথা চলিছে নেকি? তেওঁ ক’লে, আৰে নহয় নহয় ককাই, আপুনি গম নাপায় নেকি? তেওঁ ইমান হৰ্ষোল্লসিত হৈ আছিল, উত্তেজিত হৈ আছিল, মই সুধিলো, কি হ’ল? তেওঁ ক’লে, আজি ভাৰতে বোমা ফুটুৱালে৷ মই ক’লো, ভাৰতে বোমা ফুটুৱালে? মই একো বুজা নাই! তেতিয়া তেওঁ ক’লে– চাহাব, ৰেডিঅ’ শুনক৷ ৰেডিঅ’ত তেতিয়া এই বিষয়ে চৰ্চা হৈ আছিল৷ তেওঁ ক’লে যে সেই সময়ৰ আমাৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে– সেয়া পৰমাণু পৰীক্ষণৰ দিন আছিল আৰু সংবাদ মাধ্যমৰ সন্মুখত তেওঁ ঘোষণা কৰিছিল আৰু এই ঘোষণা ৰেডিঅ’ত শুনি দোকানীজনে ফুৰ্তিত নাচি আছিল৷ মই আচৰিত হ’লো যে এই হাবিতলীয়া অঞ্চলত, বৰফৰ পাহাৰৰ মাহত এজন সাধাৰণ মানুহে যি এই চাহৰ ঠেলা লৈ নিজৰ কাম কৰি আছে আৰু দিনটো ৰেডিঅ’ শুনি আছে, আৰু সেই ৰেডিঅ’ৰ খবৰে তেওঁৰ মনত এনে প্ৰভাৱ পেলাইছিল, ইমানেই প্ৰভাৱ পেলাইছিল যে মোৰ মনত এক সাঁচ বহি গ’ল যে ৰেডিঅ’ জনসাধাৰণৰ সৈতে জড়িত হৈ আছে আৰু ৰেডিঅ’ৰ এক সাংঘাটিক শক্তিশালী প্ৰভাৱ আছে৷ যোগাযোগৰ প্ৰভাৱ আৰু তাৰ গভীৰতা, বোধহয় ৰেডিঅ’ৰ সমকক্ষ আন কোনো হ’ব নোৱাৰে আৰু সেই সময়ৰ পৰাই মোৰ মন ভৰি পৰিছিল আৰু তাৰ শক্তি মই অনুধাৱন কৰিব পাৰিছিলো৷ যেতিয়া মই প্ৰধানমন্ত্ৰী হ’লো তেতিয়া সকলোতকৈ শক্তিশালী মাধ্যমৰ প্ৰতি মোৰ চকু পৰাটো স্বাভাৱিক আছিল৷ আৰু যেতিয়া মই ২০১৪ চনৰ মে’ মাহত ‘প্ৰধান সেৱক’ৰ ৰূপত কাৰ্যভাৰ গ্ৰহণ কৰিলো তেতিয়া মোৰ মনত এক ইচ্ছাৰ উদ্ৰেক হ’ল যে দেশৰ একতা, আমাৰ ভব্য ইতিহাস, ইয়াৰ শৌৰ্য, ভাৰতৰ বিবিধতা, আমাৰ সাংস্কৃতিক বিবিধতা, আমাৰ সমাজৰ শিৰাই শিৰাই প্ৰবাহিত ভাল দিশসমূহ, জনতাৰ পুৰুষাৰ্থ, ত্যাগ, তপস্যা এই সকলো কথা, ভাৰতৰ এই কাহিনীসমূহে জনতাক স্পৰ্শ কৰাটো প্ৰয়োজন৷ দেশৰ দূৰ–সুদূৰ গাঁৱৰ পৰা আৰম্ভ কৰি মেট্ৰ’ চহৰলৈ, কৃষকৰ পৰা আৰম্ভ কৰি যুৱ পেছাদাৰীলৈ আৰু সেই সময়ৰ পৰাই এই ‘মন কী বাত’ৰ যাত্ৰা প্ৰাৰম্ভ হ’ল৷ প্ৰতি মাহতে লাখৰ সংখ্যাত পত্ৰসমূহ পঢ়ি, ফোন কোন শুনি, এপ আৰু মাই গভত কমেণ্টসমূহ পঢ়ি আৰু এই সকলোবোৰ এটা সূত্ৰত বান্ধি, পাতল–ধেমেলীয়া কথা পাতি পাতি ৫০তম খণ্ডৰ এই যাত্ৰা আমি সকলোৱে মিলি অতিক্ৰম কৰিলো৷ অলপতে আকাশবাণীয়ে ‘মন কী বাত’ৰ ওপৰত এক সৰ্বেক্ষণ চলাইছিল৷ মই তাৰে কিছুমান প্ৰতিক্ৰিয়া প্ৰত্যক্ষ কৰিছিলো যি অতিশয় মনোৰম৷ যিসকল লোকৰ মাজত এই সৰ্বেক্ষণ চলোৱা হৈছিল তাৰে প্ৰায় ৭০%ই নিয়মিতভাৱে ‘মন কী বাত’ শুনে৷ অধিক সংখ্যক লোকৰ মতে ‘মন কী বাত’ৰ সকলোতকৈ বৃহৎ অৱদান এয়াই যে ই সমাজত ধনাত্মক প্ৰভাৱ বৃদ্ধি কৰে৷ ‘মন কী বাত’ৰ মাধ্যমৰ জৰিয়তে জন আন্দোলনত শক্তি বৃদ্ধি হৈছে৷ ইণ্ডিয়া পজিটিভক লৈ ব্যাপক চৰ্চা হৈছে৷ এয়া আমাৰ দেশবাসীৰ মনত উদ্ৰেক হোৱা ধনাত্মক প্ৰভাৱৰ ফল, সকাৰাত্মক ভাৱনা এক চমক৷ জনতাই এয়াও কৈছে যে ‘মন কী বাত’ৰ দ্বাৰা স্বেচ্ছাই কিবা এটা কৰাৰ ইচ্ছা উদ্ৰেক হয়৷ এনেকুৱা এক পৰিৱৰ্তন হৈছে য’ত সমাজৰ সেৱাৰ বাবে জনতা আগবাঢ়ি ওলাই আহিছে৷ মই এয়া প্ৰত্যক্ষ কৰি সুখী হৈছো যে ‘মন কী বাত’ৰ ফলস্বৰূপে ৰেডিঅ’ আৰু অধিক জনপ্ৰিয় হৈ উঠিছে৷ কিন্তু এয়া কেৱল ৰেডিঅ’ই নহয় যাৰ দ্বাৰা জনতা এই কাৰ্যসূচীৰ সৈতে জড়িত হ’ব পাৰিছে৷ মানুহে টিভি, এফএম ৰেডিঅ’, ম’বাইল, ইণ্টাৰনেট, ফে’চবুক লাইভ আৰু পেৰিস্কোপৰ সৈতে নৰেন্দ্ৰ মোদী এপৰ জৰিয়তেও ‘মন কী বাত’ত নিজৰ অংশগ্ৰহণ সুনিশ্চিত কৰিছে৷ মই ‘মন কী বাত’ পৰিয়ালৰ আপোনালোক সমূহ সদস্যই ইয়াৰ ওপৰত প্ৰদৰ্শন কৰা বিশ্বাস আৰু ইয়াত অংশগ্ৰহণ বৃদ্ধি কৰাৰ বাবে অন্তঃকৰণে ধন্যবাদ জনাইছো৷ (ফোন কল–১) ‘‘আদৰণীয় প্ৰধানমন্ত্ৰী মহোদয়, নমস্কাৰ! মোৰ নাম শালিনী আৰু মই হায়দৰাবাদৰ পৰা কৈ আছো৷ ‘মন কী বাত’ কাৰ্যসূচী জনতাৰ মাজত অতিশয় জনপ্ৰিয়৷ পোনতে জনতাই ভাবিছিল যে এয়া এক ৰাজনৈতিক মঞ্চ হিচাপে পৰিচিত হ’ব আৰু সমালোচনাৰ কেন্দ্ৰবিন্দুও হৈ পৰিছিল৷ কিন্তু কাৰ্যসূচী সম্প্ৰচাৰ হোৱাৰ লগে লগে আমি প্ৰত্যক্ষ কৰিলো যে ইয়াত ৰাজনীতিৰ পৰিৱৰ্তে সামাজিক সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা হ’বলৈ ধৰিলে আৰু এইদৰে মোৰ দৰে কোটি কোটি লোক ইয়াৰ সৈতে জড়িত হৈ পৰিল৷ লাহে লাহে সমালোচনাও সমাপ্ত হ’ল৷ মোৰ প্ৰশ্ন হ’ল যে আপুনি এই কাৰ্যসূচীক কিদৰে ৰাজনীতিৰ পৰা দূৰত ৰখাত সফল হ’ল? কেতিয়াবা আপোনাৰ মনলৈ এই চিন্তা নাহে নে যে এই মঞ্চক ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰিব পাৰি অথবা এই মঞ্চৰ পৰা আপুনি চৰকাৰৰ সাফল্যসমূহ ঘোষণা কৰিব পাৰে? ধন্যবাদ৷’’ (ফোন কল সমাপ্ত) আপোনাৰ ফোন–কলৰ বাবে বহুত বহুত ধন্যবাদ৷ আপোনাৰ আশংকা সঠিক৷ দৰাচলতে নেতাসকলে মাইক পোৱা আৰু লাখ–কোটিসংখ্যক শ্ৰোতা পোৱা, তেওঁলোকক আৰু কি লাগে? কিছুসংখ্যক যুৱ মিত্ৰই ‘মন কী বাত’ৰ বিষয় সম্পৰ্কে এক অধ্যয়ন কৰিলে৷ তেওঁলোকে সকলো খণ্ডৰ এক বিশ্লেষণ কৰিলে আৰু অধ্যয়ন কৰিলে যি কোনবোৰ শব্দ কিমানবাৰ কোৱা হৈছে? কোনবোৰ শব্দ বাৰে বাৰে কোৱা হৈছে? তেওঁলোকৰ এই বিশ্লেষণ অৰাজনৈতিক আছিল৷ যেতিয়া ‘মন কী বাত’ আৰম্ভ কৰিছিলো তেতিয়া মই সিদ্ধান্ত গ্ৰহণ কৰিছিলো ইয়াত ৰাজনীতি নাথাকিব, ইয়াত চৰকাৰক বাহ বাহ কৰা নহ’ব, ইয়াত কোনো মোদী নাথাকিব আৰু মোৰ এই সংকল্প পালন কৰাৰ সবাতোকৈ বৃহৎ সম্বল, সকলোতকৈ অধিক প্ৰেৰণা পালো আপোনালোক সকলোৰে পৰা৷ প্ৰতিটো ‘মন কী বাত’ৰ খণ্ডৰ পূৰ্বে অহা পত্ৰ, অনলাইন কমেণ্টছ, ফোন–কল, ইয়াত শ্ৰোতাসকলৰ আশা পৰিষ্ফুট হয়৷ মোদী আহিব আৰু গুচি যাব, কিন্তু দেশ অটল হৈ থাকিব, আমাৰ সংস্কৃতি অমৰ হৈ থাকিব৷ ১৩০ কোটি দেশবাসীৰ এই সৰু সৰু কাহিনীসমূহ সদায়েই জীৱিত হৈ থাকিব৷ এই দেশক নতুন প্ৰেৰণাৰ সৈতে নতুন উচ্চতালৈ লৈ যাব৷ মই কেতিয়াবা কেতিয়াবা পিছলৈ ঘূৰি চাওঁ আৰু তেতিয়া অধিক আচৰিত হৈ পৰো৷ কেতিয়াবা দেশৰ এটা প্ৰান্তৰ পৰা পত্ৰ লিখি জনায়– আমি সৰু সৰু দোকানী, অটো চালক, শাক–পাচলি বিক্ৰেতা, এনে লোকৰ সৈতে অধিক দৰদাম কৰা উচিত নহয়৷ মই পত্ৰ পঢ়ো, এনেকুৱা চিন্তা আৰু অন্য পত্ৰতো পৰিলক্ষিত হ’লে তাক একেলগতে বান্ধি লও৷ দুটা কথা মই নিজৰ অভিজ্ঞতাৰ সৈতে বিনিময় কৰিব বিচাৰিছো, আপোনালোকৰ সন্মুখত ব্যক্ত কৰিব বিচাৰিছো আৰু কি ঠিক, এই কথা কেতিয়া ঘূৰি–পকি ঘৰ–পৰিয়াললৈ যাব, ছ’চিয়েল মিডিয়া আৰু হোৱাটছ এপত ঘূৰিব আৰু এক পৰিৱৰ্তনৰ দিশলৈ আগবাঢ়িব৷আপোনালোকে প্ৰেৰণ কৰা স্বচ্ছতাৰ কাহিনীসমূহে, জনসাধাৰণৰ উদাহৰণসমূহে ঘৰসমূহত এক স্বচ্ছতাৰ এক ব্ৰেণ্ড এম্বেচাদৰ প্ৰস্তুত কৰিছে যিয়ে পৰিয়ালৰ মানুহকো বাধা দিয়ে আৰু কেতিয়াবা ফোন কলেৰে প্ৰধানমন্ত্ৰীকো আদেশ দিয়ে৷ কেতিয়াবা কোনো চৰকাৰৰ ইমান শক্তি হ’বনে যে ছেলফি উইথ ডটাৰৰ ধাৰণা হাৰিয়াণাৰ এখন সৰু গাঁৱৰ পৰা আৰম্ভ কৰি সমগ্ৰে দেশতেই নহয় বিদেশতো ই জনপ্ৰিয় হৈছে৷ সমাজৰ প্ৰতিটো বৰ্গ, চেলিব্ৰেটি সকলো জড়িত হৈ পৰিছে আৰু সমাজৰ চিন্তা–ধাৰা পৰিৱৰ্তনৰ এক নতুন আধুনিক ভাষাত যাক আজিৰ প্ৰজন্মই বুজি পায়৷ কেতিয়াবা কেতিয়াবা ‘মন কী বাত’ক লৈ ঠাট্টা–মস্কৰা কৰাও হয় কিন্তু মোৰ মনত সদায়েই ১৩০ কোটি দেশবাসী প্ৰবাহমান হৈ আছে৷ তেওঁলোকৰ মনেই মোৰ মন৷ ‘মন কী বাত’ চৰকাৰী কথা নহয়– এয়া সমাজৰ কথা৷ ‘মন কী বাত’ এক প্ৰত্যাশী ভাৰত, মহত্বকাংক্ষী ভাৰতৰ কথা৷ ভাৰতৰ মূল–প্ৰাণ ৰাজনীতি নহয়, ভাৰতৰ মূল–প্ৰাণ ৰাজশক্তিও নহয়৷ ভাৰতৰ মূল–প্ৰাণ হ’ল সমাজনীতি আৰু সমাজশক্তি৷ সামাজিক জীৱনত সহস্ৰাধিক পদক্ষেপ থাকে, তাৰ ভিতৰত এটা পদক্ষেপ ৰাজনীতিও৷ ৰাজনীতিয়েই সৰ্বস্ব হৈ পৰাটো ভাল ব্যৱস্থাৰ লক্ষণ নহয়৷ কেতিয়াবা কেতিয়াবা ৰাজনৈতিক ঘটনাসমূহ আৰু ৰাজনৈতিক লোক ইমানেই প্ৰভাৱশালী হৈ পৰে যে সমাজৰ অন্য প্ৰতিভা তথা অন্য পুৰুষাৰ্থ তল পৰি যায়৷ ভাৰতৰ দৰে দেশৰ উজ্বল ভৱিষ্যতৰ বাবে জনসাধাৰণৰ প্ৰতিভাৰ পুৰুষাৰ্থই যাতে উচিত স্থান পায়, এয়া আমাৰ সকলোৰে এক সামূহিক দায়িত্ব আৰু ‘মন কী বাত’ত এই দিশত এক নম্ৰ আৰু সাধাৰণভাৱে প্ৰয়াস কৰা হয়৷ (ফোন কল–২) ‘‘নমস্কাৰ প্ৰধানমন্ত্ৰী মহোদয়! মই মুম্বাইৰ পৰা প্ৰমিতা মুখাৰ্জীয়ে কৈ আছো৷ মহোদয়, ‘মন কী বাত’ৰ প্ৰতিটো খণ্ড গভীৰ অন্তৰ্দৃষ্টিৰে, তথ্যৰে, ধনাত্মক কাহিনীৰে, সাধাৰণ লোকৰ ভাল কামৰ কথাৰে ভৰি আছে৷ মই আপোনাক সুধিব বিচাৰিছো যে প্ৰতিটো কাৰ্যসূচীৰ পূৰ্বে আপুনি কিমান প্ৰস্তুতি কৰিবলগীয়া হয়?’’ (ফোন কল সমাপ্ত) ফোন কলৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ! আপোনাৰ প্ৰশ্ন এক প্ৰকাৰে আন্তৰিকাৰে সোধা প্ৰশ্ন৷ মই এয়া মানো যে ‘মন কী বাত’ৰ ৫০তম খণ্ড সকলোতকৈ ডাঙৰ সিদ্ধি আৰু আপুনি প্ৰধানমন্ত্ৰীক নহয়, যেন নিকটাত্মীয় এজনক প্ৰশ্ন সুধিছে৷ এয়াই লোকতন্ত্ৰ৷ আপুনি যি প্ৰশ্ন সুধিছে তাৰ পোনপটীয়া উত্তৰ হ’ল– একো প্ৰস্তুতি নকৰো৷ দৰাচলতে ‘মন কী বাত’ মোৰ বাবে অতিশয় সাধাৰণ কাম৷ প্ৰতিবাৰে ‘মন কী বাত’ৰ পূৰ্বে জনসাধাৰণৰ পৰা অসংখ্য পত্ৰ আহে৷ মাই গভ আৰু নৰেন্দ্ৰ মোদী ম’বাইল এপত জনতাই নিজৰ চিন্তা–ধাৰা ব্যক্ত কৰে৷ এটা টোল ফ্ৰী নম্বৰো আছে– 1800117800৷ তালৈ ফোন কৰি জনতাই নিজৰ বাৰ্তা নিজৰ শব্দত ৰেকৰ্ডো কৰিব পাৰে৷ মোৰ প্ৰচেষ্টা এটাই যে ‘মন কী বাত’ৰ পূৰ্বেই অধিকতম ৰূপত পত্ৰ আৰু মন্তব্য মই নিজে পঢ়োঁ৷ মই বহুতো ফোন কলো শুনো৷ ‘মন কী বাত’ৰ খণ্ডৰ সময় যেতিয়াই কাষ চাপি আহে তেতিয়া ভ্ৰমণৰ সময়ত আপোনালোকৰ দ্বাৰা প্ৰেৰণ কৰা চিন্তা–ধাৰা আৰু ইনপুটসমূহ মই ধ্যান দি পঢ়োঁ৷ প্ৰতিটো পল দেশবাসী মোৰ মনত প্ৰবাহিত হৈ থাকে আৰু সেইবাবে যেতিয়াই কোনো পত্ৰ পঢ়োঁ তেতিয়া পত্ৰ লিখোঁতাজনৰ পৰিস্থিতি, তেওঁৰ ভাব মোৰ চিন্তাৰ অংশ হৈ পৰে৷ সেই পত্ৰখন তেতিয়া মোৰ বাবে কাগজৰ টুকুৰা হৈ নাথাকে আৰু এনেও মই প্ৰায় ৪০–৪৫ বৰ্ষ এক পৰিব্ৰাজকৰ ৰূপত জীৱন অতিবাহিত কৰিছো আৰু দেশৰ বহু জিলালৈ গৈছো আৰু দেশৰ দূৰ–দুৰণিৰ জিলাত মই বহু সময় অতিবাহিত কৰিছো৷ আৰু সেইবাবে যেতিয়াই মই পত্ৰখন পঢ়ো তেতিয়া মই সেই স্থান আৰু সন্দৰ্ভৰ দ্বাৰা সহজেই আপোনালোকৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পাৰোঁ৷ ইয়াৰ পিছত মই কিছুমান তথ্যভিত্তিক কথা যেনে গাঁও, ব্যক্তিৰ নাম আদি টুকি লওঁ৷ সঁচাকৈয়ে ক’বলৈ গ’লে ‘মন কী বাত’ৰ ধ্বনিটো মোৰ, কিন্তু উদাহৰণ, আবেগ আৰু আত্মা মোৰ দেশবাসীৰ৷ মই ‘মন কী বাত’ত অংশগ্ৰহণ কৰা প্ৰত্যেক ব্যক্তিক ধন্যবাদ প্ৰদান কৰিব বিচাৰিছো৷ এনেকুৱা লক্ষাধিক লোক আছে যাৰ নাম মই আজি পৰ্যন্ত ‘মন কী বাত’ত ল’ব নোৱাৰিলো কিন্তু তেওঁলোকে নিৰাশ নহৈ নিজৰ পত্ৰ, নিজৰ মন্তব্য প্ৰেৰণ কৰে–আপোনালোকৰ বিচাৰ, আপোনালোকৰ ভাৱনাৰ মোৰ জীৱনত অধিক গুৰুত্ব আছে৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে আপোনালোক সকলোৰে চিন্তাধাৰাসমূহ পূৰ্বতকৈও অধিক সংখ্যাত মই পাম আৰু ইয়াৰ দ্বাৰা ‘মন কী বাত’ অধিক ৰুচিশীল, প্ৰভাৱী আৰু উপযোগী হৈ উঠিব৷ এয়াও এক প্ৰয়াস কৰা হয় যে যিবোৰ পত্ৰ ‘মন কী বাত’ত অন্তৰ্ভুক্ত কৰা নহয়, সেই পত্ৰসমূহো ধ্যান দি পঢ়া হয়৷ মই আকাশবাণী, এফএম ৰেডিঅ’, দূৰদৰ্শন, অন্য টিভি চেনেল, ছ’চিয়েল মিডিয়াৰ মোৰ সহযোগীসকলকো ধন্যবাদ প্ৰদান কৰিব বিচাৰিছো৷ তেওঁলোকৰ পৰিশ্ৰমৰ ফলতেই ‘মন কী বাত’ অধিক সংখ্যক লোকৰ কাষ চাপিবলৈ সক্ষম হৈছে৷ আকাশবাণীৰ টীমে প্ৰতিটো খণ্ড বিভিন্ন ভাষাত সম্প্ৰচাৰ কৰাৰ বাবে প্ৰস্তুত কৰে৷ বহুলোকে আঞ্চলিক ভাষাত মোদীৰ সৈতে প্ৰায় একে ধ্বনিৰ লোকৰ পৰা একেই আণ্ডাজত ‘মন কী বাত’ শুনে৷ এইদৰে তেওঁলোক ৩০ মিনিটৰ বাবে নৰেন্দ্ৰ মোদী হৈ পৰে৷ মই তেওঁলোকৰ প্ৰতিভা আৰু দক্ষতাৰ বাবে অভিনন্দন জনাইছো, ধন্যবাদ প্ৰদান কৰিছো৷ মই আপোনালোক সকলোৰে পৰা আগ্ৰহ কৰিম যে আপোনালোকে যাতে এই কাৰ্যসূচী স্থানীয় ভাষাতো শুনে৷ মই সংবাদ মাধ্যমৰ সেইসকল ব্যক্তিকো হৃদয়েৰে ধন্যবাদ প্ৰদান কৰিব বিচাৰিছো যিয়ে নিজৰ চেনেলত ‘মন কী বাত’ৰ প্ৰতিটো খণ্ড নিয়মিত ৰূপত প্ৰচাৰ কৰে৷ কোনো ৰাজনৈতিক ব্যক্তিয়েই সংবাদ মাধ্যমৰ সৈতে সুখী কেতিয়াও নহয়, তেওঁলোকে ভাবে যে তেওঁলোকৰ প্ৰচাৰ কম হৈছে, আৰু যি প্ৰচাৰ পায় সেয়াও ঋণাত্মক হয়৷ কিন্তু ‘মন কী বাত’ত উত্থাপন কৰা বিষয়সমূহ সংবাদ মাধ্যমে আঁকোৱালি লৈছে৷ স্বচ্ছতা, পথ সুৰক্ষা, ড্ৰাগ মুক্ত ভাৰত, ছেলফি উইথ ডটাৰ আদিৰ দৰে বিষয়সমূহ সংবাদ মাধ্যমে উদ্ভাৱনী ৰূপ প্ৰদান কৰি এক অভিযানৰ ৰূপত আগুৱাই লৈ গৈছে৷ টিভি চেনেলে ইয়াক most watched radio programme হিচাপে ঘোষণা কৰিছে৷ মই সংবাদ মাধ্যমক হৃদয়েৰে অভিনন্দন জনাইছো৷ আপোনাৰ সহযোগিতা অবিহনে ‘মন কী বাত’ৰ এই যাত্ৰা আধৰুৱা হৈ থাকিলহেঁতেন৷ (ফোন কল–৩) ‘‘নমস্কাৰ মোদী মহোদয়! মই মছুৰী উত্তৰাখণ্ডৰ পৰা নিধি বহুগুণাই কৈ আছো৷ মই দুজন তৰুণৰ মাতৃ৷ মই প্ৰায়েই দেখিছো যে এই বয়সৰ ল’ৰা–ছোৱালীয়ে এইটো পচন্দ নকৰে যে তেওঁলোকক কোনোবাই কওক তেওঁলোকে কি কৰিব লাগে? সেয়া লাগিলে তেওঁলোকৰ শিক্ষকেই হওক অথবা পিতৃ–মাতৃয়েই হওক৷ কিন্তু যেতিয়া আপোনাৰ ‘মন কী বাত’ আৰম্ভ হয় তেতিয়া আপুনি ল’ৰা–ছোৱালীক কিবা ক’লে তেওঁলোকে হৃদয়েৰে বুজি পায় আৰু সেই কথাসমূহ পালনো কৰে– আপুনি এই ৰহস্য আমাৰ সৈতে বিনিময় কৰিব নেকি? যে যিদৰে আপুনি কথা কয় অথবা যিবোৰ বিষয় আপুনি উত্থাপন কৰে সেয়া ল’ৰা–ছোৱালীবোৰে ভালদৰে বুজি পায় আৰু পালন কৰে৷ ধন্যবাদ৷’’ (ফোন কল সমাপ্ত) নিধি মহোদয়া, আপোনাৰ ফোন কলৰ বাবে বহুত বহুত ধন্যবাদ৷ দৰাচলতে মোৰ ওচৰত কোনো ৰহস্য নাই৷ যিবোৰ কথা মই কওঁ সেইবোৰ পৰিয়ালৰ ভিতৰতো কোৱা হয়৷ সৰল ভাষাত ক’বলৈ গ’লে মই নিজকে সেই তৰুণৰ ৰূপত তুলনা কৰোঁ, নিজকে সেই পৰিস্থিতিসমূহৰ সন্মুখীন কৰি তেওঁলোকৰ বিচাৰধাৰাৰ সৈতে এক সামঞ্জস্য ৰাখি, এক তৰংগ দৈৰ্ঘ সাদৃশ্যকৰণ কৰাৰ প্ৰয়াস কৰোঁ৷ আমাৰ নিজৰ জীৱনৰ যি পুৰণি টালি–টোপোলা আছে, যেতিয়া সেয়া মাজলৈ নাহে তেতিয়া কাৰোবাক বুজি পোৱাটো সহজ হৈ পৰে৷ কেতিয়াবা কেতিয়াবা আমাৰ পুৰ্বাগ্ৰহেই সংবাদৰ বাবে সকলোতকৈ ডাঙৰ সংকট হৈ পৰে৷ স্বীকাৰ–অস্বীকাৰ আৰু প্ৰতিক্ৰিয়াসমূহৰ পৰিৱৰ্তে কোনো এটা কথা বুজি পোৱাটো মোৰ প্ৰাথমিকতা৷ মোৰ অভিজ্ঞতা আছে যে এনেকুৱা বিষয়ত সন্মুখৰ ব্যক্তিজনেও আমাক নিশ্চিত কৰাৰ বাবে তৰ্ক অথবা বল প্ৰয়োগ কৰাৰ পৰিৱৰ্তে আমাৰ তৰংগ দৈৰ্ঘত সমায়িত হোৱাৰ প্ৰয়াস কৰে৷ সেইবাবে যোগাযোগৰ ব্যৱধান নোহোৱা হৈ পৰে আৰু সেই চিন্তাধাৰাৰ সৈতে আমি দুয়ো সহযাত্ৰী হৈ পৰোঁ৷ দুয়োজনেই গমেই নাপাও যে কেতিয়া আৰু কিদৰে নিজৰ চিন্তাধাৰা ত্যাগ কৰি আনজনক স্বীকাৰ কৰি লৈছো৷ আজিৰ যুৱসমাজে এনেকুৱা কাম নকৰে যিটোৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই আৰু যেতিয়া তেওঁলোকে কোনো এটা কথাক বিশ্বাস কৰি লয় তেতিয়া সকলো এৰি সেই কথাটোৰ পিছত লাগি ধৰে৷ প্ৰায়েই মানুহে পৰিয়ালত ডাঙৰ আৰু সৰুৰ মাজত যোগাযোগৰ ব্যৱধানৰ বিষয়ে চৰ্চা কৰে৷ দৰাচলতে অধিক সংখ্যক পৰিয়ালতেই কিশোৰ–কিশোৰীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ পৰিসৰ অতিশয় সীমিত হয়৷ অধিক সময়েই অধ্যয়নৰ কথা অথবা অভ্যাসসমূহৰ কথা আৰু পিছত জীৱনশৈলীক লৈ ‘এনেকুৱা কৰ– এনেকুৱা নকৰ’ বিনা কোনো আশা নকৰাকৈ মুক্ত মনে কথা পতাটো ধীৰে ধীৰে পৰিয়ালতো কম হৈ পৰে আৰু এয়া চিন্তাৰ বিষয়৷ Except ৰ পৰিৱৰ্তে accept আৰু dismiss কৰাৰ পৰিৱৰ্তে discuss কৰাৰ সংবাদ প্ৰভাৱী হ’ব৷ ভিন্ন ভিন্ন কাৰ্যসূচী অথবা ছ’চিয়েল মিডিয়াৰ জৰিয়তে যুৱসমাজৰ সৈতে নিৰন্তৰ কথা পাতিবলৈ মই প্ৰয়াস কৰোঁ৷ তেওঁলোকে যি কৰি আছে অথবা যি ভাবি আছে– সেয়া শিখাৰ বাবে মই সদায়েই প্ৰয়াস কৰোঁ৷ তেওঁলোকৰ সৈতে সদায়েই চিন্তাধাৰাৰ ভাণ্ডাৰ থাকে৷ তেওঁলোক অত্যাধিক প্ৰাণৱন্ত, উদ্ভাৱনী আৰু লক্ষ্য নিৰ্ধাৰণযুক্ত বয়৷ ‘মন কী বাত’ৰ জৰিয়তে মই যুৱসমাজৰ প্ৰয়াসক, তেওঁলোকৰ কথাক অধিকতম ৰূপত পালন কৰাৰ প্ৰয়াস কৰোঁ৷ প্ৰায়েই অভিযোগ উত্থাপিত হয় যে যুৱসমাজে অধিক প্ৰশ্ন কৰে৷ মই কওঁ যে এয়াতো ভালৰেই কথা৷ এয়া ভাল কথা কাৰণ ইয়াৰ অৰ্থ এয়াই যে তেওঁলোকে সকলো কথা চালি–জাৰি চায়৷ কিছুমান লোকে কয় যে যুৱসমাজৰ ধৈৰ্য নাই৷ কিন্তু মই ভাবোঁ যে যুৱসমাজৰ সময় নষ্ট কৰাৰ বাবে সময় নাই৷ এইবাবেই আজিৰ যুৱসমাজে অধিকতম ৰূপত উদ্ভাৱন কৰিবলৈ সমৰ্থ হয়, কিয়নো তেওঁলোকে কামবোৰ শীঘ্ৰে সমাপন হোৱাটো বিচাৰে৷ আমি ভাবো যে আজিৰ যুৱসমাজ অধিক উচ্চাকাংক্ষী আৰু বহুত ডাঙৰ ডাঙৰ কথা ভাবে৷ ভাল কথা, ডাঙৰ সপোন দেখক আৰু বৃহৎ সফলতা লাভ কৰক– এয়াইতো নতুন ভাৰত৷ কিছুমান লোকে কয় যে যুৱসমাজে এটা সময়তে বহুত কাম কৰিব বিচাৰে৷ মই কওঁ, ইয়াত বেয়া কি? তেওঁলোক মাল্টিটাস্কিঙত পাৰ্গত, সেয়ে এনেকুৱা কৰে৷ যদি আমি ওচৰে–পাজৰে চাওঁ তেতিয়া দেখিম যে সামাজিক উদ্যমিতাই হওক, ষ্টাৰ্ট–আপেই হওক, ক্ৰীড়াই হওক অথবা অন্য কোনো ক্ষেত্ৰই হওক–সমাজলৈ পৰিৱৰ্তন যুৱসমাজেই আনে৷ এই যুৱসমাজেই প্ৰশ্ন সুধিবলৈ আৰু ডাঙৰ সপোন দেখাৰ সাহস কৰিছে৷ যদি আমি যুৱসমাজৰ চিন্তাধাৰা ধৰাতললৈ নমাই আনো, তেওঁলোকক অভিব্যক্ত কৰাৰ বাবে মুক্ত বাতাৱৰণ প্ৰদান কৰোঁ তেতিয়া দেশলৈ ধনাত্মক পৰিৱৰ্তন আহিব পাৰে৷ তেওঁলোকে এনেকুৱা কৰেও৷ মোৰ মৰমৰ দেশবাসীসকল, গুৰুগ্ৰামৰ পৰা বিনীতা মহোদয়াই মাই গভত লিখিছে যে ‘মন কী বাত’ত মই কাইলৈ অৰ্থাৎ ২৬ নৱেম্বৰৰ ‘সংবিধান দিৱস’ৰ বিষয়ে ক’ব লাগে৷ তেওঁৰ মতে এইটো এটা বিশেষ দিন কিয়নো আমি সংবিধান গ্ৰহণ কৰাৰ ৭০তম বৰ্ষত প্ৰৱেশ কৰিবলৈ ওলাইছো৷ বিনীতা মহোদয়, আপোনাৰ প্ৰস্তাৱৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ৷ হয়, কাইলৈ ‘সংবিধান দিৱস’৷ সেই মহান ব্যক্তিসকলক স্মৰণ কৰাৰ দিন যিসকলে আমাৰ সংবিধান ৰচনা কৰিলে৷ ২৬ নৱেম্বৰ ১৯৪৯ চনত আমাৰ সংবিধান গৃহীত হৈছিল৷ সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ এই ঐতিহাসিক কাৰ্যক সম্পূৰ্ণ কৰাৰ বাবে সংবিধান সভাক ২ বছৰ, ১১ মাহ আৰু ১৭ দিনৰ প্ৰয়োজন হৈছিল৷ কল্পনা কৰক, ৩ বছৰৰ ভিতৰতেই সেই মহান ব্যক্তিসকলে আমাক ইমান ব্যাপক আৰু বিস্তৃত সংবিধান প্ৰদান কৰিলে৷ তেওঁলোকে যি অসাধাৰণ গতিৰে সংবিধান প্ৰস্তুত কৰিলে আজিও এয়া সময় ব্যৱস্থাপনা আৰু উৎপাদনশীলতাৰ এক অত্যুত্তম উদাহৰণ৷ ইয়াৰ দ্বাৰা আমি নিজৰ দায়িত্বক ৰেকৰ্ড সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে প্ৰেৰণা পাঁও৷ সংবিধান সভা দেশৰ মহান ব্যক্তিসকলৰ প্ৰতিভাৰ সংগম আছিল, তেওঁলোকৰ প্ৰত্যেকেই দেশক এনেকুৱা এক সংবিধান প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আছিল যাৰ দ্বাৰা ভাৰতৰ লোক সশক্ত হ’ব পাৰে, দৰিদ্ৰতকৈও দৰিদ্ৰতম ব্যক্তি সমৰ্থ হ’ব পাৰে৷ আমাৰ সংবিধানৰ এক উল্লেখযোগ্য কথা এয়াই যে অধিকাৰ আৰু কৰ্তব্য অৰ্থাৎ, ইয়াৰ বিষয়ে বিস্তাৰিতভাৱে বৰ্ণনা কৰা হৈছে৷ নাগৰিকৰ জীৱনত এই দুয়োটাৰ সামঞ্জস্যতাই দেশক আগুৱাই লৈ যাব৷ যদি আমি আনৰ অধিকাৰক সন্মান কৰিম তেতিয়া আমাৰ অধিকাৰৰ ৰক্ষা নিজেই হ’ব আৰু এইদৰেই যদি আমি সংবিধানত প্ৰদান কৰা নিজৰ কৰ্তব্যসমূহ পালন কৰোঁ তেতিয়া আমাৰ অধিকাৰৰ ৰক্ষাও স্বয়ং হ’ব৷ মোৰ এতিয়াও মনত আছে ২০১০ চনত যেতিয়া ভাৰতৰ গণতন্ত্ৰৰ ৬০ বছৰ পূৰ্ণ হৈছিল তেতিয়া আমি গুজৰাটত হাতীৰ ওপৰত সংবিধান ৰাখি শোভাযাত্ৰা উলিয়াইছিলো৷ যুৱসমাজৰ মাজত সংবিধানৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে আৰু তেওঁলোকক সংবিধানৰ পদক্ষেপসমূহৰ সৈতে জড়িত কৰাৰ বাবে এয়া এক স্মৰণীয় প্ৰসংগ হিচাপে বিবেচিত হৈছিল৷ ২০২০ চন গণতন্ত্ৰৰ ৭০তম বৰ্ষ পূৰণ হ’ব আৰু ২০২২ চনত আমাৰ স্বাধীনতা ৭৫তম বৰ্ষ পূৰণ হ’ব৷ আহক, আমি সকলো আমাৰ সংবিধানৰ মূল্যবোধ আগুৱাই লৈ যাও আৰু নিজৰ নিজৰ শান্তি, উন্নতি আৰু সমৃদ্ধি সুনিশ্চিত কৰোঁ৷ মোৰ মৰমৰ দেশবাসীসকল, সংবিধান সভাৰ প্ৰসংগ উত্থাপন হোৱাৰ সময়ত আমি সেইসকল মহাপুৰুষৰ যোগদানৰ কথাও পাহৰিব নোৱাৰো যি সংবিধান সভাৰ কেন্দ্ৰত আছিল৷ এই মহাপুৰুষ আছিল পুজনীয় ডঃ বাবা চাহেব আম্বেদকাৰ৷ ৬ ডিচেম্বৰত তেওঁৰ মহা–পৰিনিৰ্বাণ দিবস৷ মই সকলো দেশবাসীৰ তৰফৰ পৰা বাবা চাহেবক সেৱা জনাইছো যিয়ে কোটি কোটি ভাৰতীয়ক জীৱনৰ অধিকাৰ প্ৰদান কৰিলে৷ লোকতন্ত্ৰ বাবা চাহেবৰ জীৱনৰ অংশস্বৰূপ আছিল আৰু তেওঁ কৈছিল যে ভাৰতৰ লোকতান্ত্ৰিক মূল্যবোধ বাহিৰৰ পৰা অহা নাই৷ গণতন্ত্ৰ কি আৰু সংসদীয় ব্যৱস্থা কি হয়– এয়া ভাৰত বাবে কোনো নতুন কথা নহয়৷ সংবিধান সভাত তেওঁলোকে এক অতিশয় ভাবুক আপীল কৰিছিল যে ইমান সংঘৰ্ষৰ পিছত পোৱা স্বতন্ত্ৰতাৰ ৰক্ষা আমি নিজৰ শেষ টোপাল তেজ থকালৈকে ৰক্ষা কৰিব লাগিব৷ তেওঁ এয়াও কৈছিল যে আমি ভাৰতীয়সকল ভিন্ন ভিন্ন পৃষ্ঠভূমিৰ হ’ব পাৰোঁ কিন্তু আমি সবাৰো ঊৰ্ধত দেশহিতক ৰাখিব লাগিব৷ ইণ্ডিয়া ফাৰ্ষ্ট– ডাঃ বাবা চাহেব আম্বেদকাৰৰ এয়াই মূলমন্ত্ৰ আছিল৷ পুনৰ তেওঁলৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ৷ মোৰ মৰমৰ দেশবাসীসকল, দুদিন পূৰ্বে ২৩ নৱেম্বৰ তাৰিখে আমি সকলোৱে গুৰু নানক দেৱজীৰ জয়ন্তী পালন কৰিছো আৰু অহা বৰ্ষত অৰ্থাৎ ২০১৯ বৰ্ষত আমি তেওঁৰ ৫৫০তম প্ৰকাশ পৰ্ব পালন কৰিম৷ গুৰু নানক দেৱজীয়ে সৰ্বদা সমগ্ৰ মানৱতাৰ কল্যাণৰ বিষয়ে চিন্তা কৰিছিল৷ তেওঁ সমাজক সদায়েই সত্য, কৰ্ম, সেৱা, কৰুণা আৰু সৌহাৰ্দ্যৰ মাৰ্গ প্ৰদৰ্শিত কৰিছিল৷ দেশে অহা বৰ্ষত গুৰু নানক দেৱজীৰ ৫৫০তম জয়ন্তী ধুমধামেৰে পালন কৰিব৷ ইয়াৰ ৰং দেশতেই নহয়, সমগ্ৰ বিশ্বতে প্ৰসাৰিত হ’ব৷ ইয়াৰ সৈতে গুৰু নানক দেৱজীৰ সৈতে জড়িত পবিত্ৰস্থলৰ পথত এক ৰে’লো চলোৱা হ’ব৷ অলপতে যেতিয়া মই ইয়াৰ সৈতে জড়িত বৈঠকত ব্যস্ত আছিলো তেতিয়া সেই সময়তেই মোৰ চাহিব গুৰুদ্বাৰৰ কথা মনলৈ আহিল৷ ২০০১ চনত গুজৰাটত হোৱা বৃহৎ ভূমিম্পৰ ফলত সেই গুৰুদ্বাৰৰ বৃহৎ ক্ষতি হৈছিল কিন্তু স্থানীয় লোকসকলৰ সৈতে ৰাজ্য চৰকাৰে লগ হৈ যিদৰে ইয়াৰ পুনৰুদ্ধাৰ কৰিলে সেয়া আজিও এক উদাহৰণৰ বিষয়৷ ভাৰত চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে৷ এই সিদ্ধান্ত অনুসৰি কৰতাৰপুৰ কৰিডৰ নিৰ্মাণৰ জৰিয়তে আমাৰ দেশৰ তীৰ্থযাত্ৰীসকলে সহজেই পাকিস্তানৰ কৰতাৰপুৰত গুৰু নানক দেৱজীৰ সেই পবিত্ৰস্থল দৰ্শন কৰিব পাৰিব৷ মোৰ মৰমৰ দেশবাসীসকল, ৫০তম খণ্ডৰ পিছত আমি পুনৰ বাৰ অহা ‘মন কী বাত’ত লগ পাম আৰু মোৰ বিশ্বাস যে আজি ‘মন কী বাত’ৰ এই কাৰ্যসূচীৰ অন্তৰালৰ উদ্দেশ্য প্ৰথমবাৰলৈ মই আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ সুযোগ পালো কিয়নো আপোনালোকে এনেকুৱা ধৰণৰেই প্ৰশ্ন উত্থাপন কৰিলে আৰু আমাৰ এই যাত্ৰা অব্যাহত থাকিব৷ আপোনালোকে যিমানে সংবদ্ধ হ’ব সিমানেই আমাৰ যাত্ৰা গভীৰ হ’ব আৰু সকলোৱে সন্তোষিত হ’ব৷ কেতিয়াবা কেতিয়াবা জনতাৰ মনত প্ৰশ্ন উত্থাপিত হয় যে ‘মন কী বাত’ৰ দ্বাৰা মই পালো? মই আজি ক’ব বিচাৰিম যে ‘মন কী বাত’ৰ যি প্ৰতিক্ৰিয়া পোৱা যায় সেয়াই মোৰ মন স্পৰ্শ কৰে৷ বহুতে কয় যে যেতিয়া আমি পৰিয়ালৰ সৈতে লগ হৈ ‘মন কী বাত’ শুনো তেতিয়া এনে লাগে যেন আমাৰ পৰিয়ালৰ মুখ্য ব্যক্তিজনে আমাৰ মাজত বহি আমাৰ নিজৰেই কথা আমাৰ আগত কৈ আছে৷ যেতিয়া মই এই কথাষাৰ ব্যাপক ৰূপত শুনিলো তেতিয়া মই অতিশয় সুখী হ’লো যে মই আপোনালোকৰ, আপোনালোকৰ পৰাই মই, আপোনালোকৰ মাজত আছো, আপোনালোকেই মোক নিৰ্মাণ কৰিছে আৰু এক প্ৰকাৰে মই আপোনালোকৰ পৰিয়ালৰ সদস্যৰ ৰূপত ‘মন কী বাত’ৰ জৰিয়তে বাৰে বাৰে আহিম, আপোনালোকৰ সৈতে জড়িত হ’ম৷ আপোনালোকৰ সুখ–দুখ, মোৰ সুখ–দুখ৷ আপোনালোকৰ আকাংক্ষা, মোৰ আকাংক্ষা, আপোনালোকৰ মহত্বকাংক্ষা, মোৰ মহত্বকাংক্ষা৷ আহক, এই যাত্ৰাক আমি আৰু অধিক আগুৱাই লৈ যাওঁ৷ বহুত–বহুত ধন্যবাদ৷
প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ৰ ৫০তম খণ্ডত ২৫.১১.২০১৮ তাৰিখে প্ৰদান কৰা মূলপাঠৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D/
মোৰ কেন্দ্রীয় মন্ত্ৰীসভাৰ সদস্যবৃন্দ, সংসদৰ মোৰ জ্যেষ্ঠ সহযোগীসকল, বিভিন্ন ৰাজনৈতিক দলৰ সন্মানীয় বন্ধুসকল, অন্যান্য উপস্থিত ব্যক্তি, ভদ্র পুৰুষ-মহিলাসকল, দেশৰ বিভিন্ন প্রান্তত বৰ্তমান অতি উৎসাহ-উদ্দীপনাৰে বিভিন্ন উৎসৱ আৰু পৰ্বৰ উদযাপন সমাৰোহ চলিছে। দেশৰ বিভিন্ন প্ৰান্তত ক’ৰবাত বৈশাখী, আকৌ ক’ৰবাত ব’হাগ বিহু পালন কৰা হৈছে! আজিৰ পৰাই ওড়িয়া নৱবর্ষও আৰম্ভ হৈছে, সেয়েহে ওড়িশাবাসীক মোৰ শুভেচ্ছা জনাইছো৷ আমাৰ তামিলনাডুৰ ভাই-ভনীসকলেও আজি নতুন বছৰক আদৰণি জনাইছে, মই তেওঁলোক সকলোকে ‘পুত্তাণ্ড’ৰ অজস্র শুভকামনা জনাইছো৷ তদুপৰি, দেশৰ বিভিন্ন অঞ্চলত নৱবর্ষ আৰম্ভ হৈছে, বিভিন্ন ধৰণৰ পৰ্ব উদযাপন কৰা হৈছে৷ মই সমগ্ৰ দেশবাসীক এই পৰ্ব, অনুষ্ঠান আৰু উৎসৱ উপলক্ষে বহুত বহুত শুভেচ্ছা জনাইছো, আপোনালোক সকলোকে ভগবান মহাবীৰ জয়ন্তী উপলক্ষে বহুত বহুত শুভকামনা জনাইছো৷ বন্ধুসকল, আজিৰ এই অনুষ্ঠান বিভিন্ন কাৰণত বিশেষ হিচাপে চিহ্নিত হৈছে। আজি সমগ্ৰ দেশে শ্রদ্ধাৰ বাবাচাহেব ভীমৰাও আম্বেদকাৰজীক তেওঁৰ জয়ন্তী উপলক্ষে সাদৰ প্রণাম জনাইছে তথা শ্রদ্ধা সহকাৰে স্মৰণ কৰিছে৷ বাবাচাহেব ভীমৰাও আম্বেদকাৰে যি সংবিধানৰ মুখ্য শিল্পী আছিল, সেই সংবিধানে আমাৰ সংসদীয় প্রক্রিয়াক এক সুদৃঢ় আধাৰ স্থাপন কৰিছে। এই সংসদীয় প্রক্রিয়াত দেশৰ প্রধান দায়িত্ব দেশৰ প্রধানমন্ত্রীৰ পদক দিয়া হৈছে৷ এয়া মোৰ সৌভাগ্য যে আজি মই দেশৰ নৱনির্মিত প্রধানমন্ত্রী সংগ্রহালয়টো দেশবাসীক উচৰ্গা কৰাৰ সুযোগ পাইছো৷ এনে সময়ত এক অসাধাৰণ প্রেৰণাই মোক উজ্জীৱিত কৰিছে। বিগত ৭৫ বছৰত দেশে বহু গৌৰৱময় মুহূর্ত প্ৰত্যক্ষ কৰিছে। ইতিহাসৰ পাতত এই মুহূর্তসমূহৰ যি গুৰুত্ব আছে-সেয়া সঁচাকৈয়ে অতুলনীয়। এনে বহু মুহূর্তৰ ঝলক এই নৱনির্মিত প্রধানমন্ত্রী সংগ্রহালয়তো দেখিবলৈ পাব৷ আজি এই নৱনির্মিত প্রধানমন্ত্রী সংগ্রহালয় উদ্বোধন উপলক্ষে মই দেশবাসীক বহুত বহুত শুভেচ্ছা জনাইছো৷ কিছু সময়ৰ পূৰ্বে মোৰ এই প্রকল্পৰ সৈতে জড়িত সকলো বন্ধুবৰ্গৰ সৈতে সাক্ষাৎ আৰু চিনাকী হোৱাৰ সৌভাগ্য হৈছে৷ এওঁলোকে অত্যন্ত প্রশংসনীয় কাম কৰিছে৷ সেইবাবে এই সমগ্ৰ টীমক মই শুভেচ্ছা জনাইছো৷ মই আজি ইয়াত প্রাক্তন প্রধানমন্ত্রীসকলৰ পৰিয়ালৰ সদস্যসকলকো দেখিবলৈ পাইছো৷ আপোনালোক সকলোকে মোৰ আন্তৰিক অভিনন্দন জনাইছো, আদৰণি জনাইছো৷ নৱনির্মিত প্রধানমন্ত্রী সংগ্রহালয় উদ্বোধনৰ এই পবিত্ৰ ক্ষণত আপোনালোকৰ উপস্থিতিয়ে আৰু অধিক ধন্য কৰিছে। আপোনালোকৰ উপস্থিতিয়ে এই নৱনির্মিত প্রধানমন্ত্রী সংগ্রহালয়ৰ সার্থকতাই ইয়াৰ প্রাসংগিকতাক আৰু অধিক বৃদ্ধি কৰিছে। বন্ধুসকল, দেশ আজি যি উচ্চতাত উপনীত হৈছে, সেই স্থানত উপনীত কৰোৱাত ভাৰত স্বাধীন হোৱাৰ পাছত গঠন হোৱা প্রতিখন চৰকাৰৰ অৱদান আছে৷ মই লালকিল্লাৰ প্রাচীৰৰ পৰাও এইকথা বহুবাৰ কৈছো৷ আজি এই নৱনির্মিত প্রধানমন্ত্রী সংগ্রহালয়েও স্বাধীনোত্তৰ প্রতিখন চৰকাৰৰ মিলিত ঐতিহ্যৰ জীৱন্ত প্রতিচ্ছবি হৈ পৰিছে। দেশৰ প্রতিগৰাকী প্রধানমন্ত্রীয়ে তেওঁলোকৰ কাৰ্যকালত ভিন ভিন সমস্যা সমাধান কৰি, প্ৰত্যাহ্বানসমূহ অতিক্রম কৰি দেশক আগুৱাই নিয়াৰ চেষ্টা কৰিছে৷ সকলোৰে ব্যক্তিত্ব, কৃতিত্ব আৰু নেতৃত্বৰ ভিন ভিন মাত্রা আছিল। এই সকলোবোৰ আজি লোকস্মৃতিৰ বিষয়। দেশৰ জনগণে বিশেষকৈ নবীন প্রজন্ম, ভৱিষ্যৎ প্রজন্মই যদি সকলো প্রধানমন্ত্রীৰ সম্পর্কে ভালদৰে জানিব পাৰে, তেতিয়াহ’লে তেওঁলোকে প্রেৰণা পাব৷ ইতিহাস আৰু বর্তমানৰ পৰা ভৱিষ্যৎ নির্মাণৰ পথ গঢ়ি তোলাক লৈ কেতিয়াবা ৰাষ্ট্রকবি ৰামধাৰী সিং দিনকৰজীয়ে লিখিছিল– “প্রিয়দর্শন ইতিহাস কন্ঠ মে, আজ ধ্বনিত হো কাব্য বনে। বর্তমান কী চিত্রপটী পৰ, ভূতকাল সম্ভাব্য বনে।” অর্থাৎ, প্রিয়দর্শন ইতিহাসত আজি সকলোৰে কন্ঠত ধ্বনিত হৈ কাব্য হৈ উঠক। বর্তমানৰ চিত্রপটত নিহিত অতীতে যেন ভৱিষ্যতক সম্ভৱ কৰি তোলে। এই পংক্তিৰ মাধ্যমেৰে তেওঁ বুজাব বিচাৰিছে, আমাৰ সাংস্কৃতিক চেতনাত যি গৌৰৱময় অতীত সমাহিত হৈ আছে, সেয়া যেন কাব্যলৈ ৰূপান্তৰিত হৈ গুঞ্জৰিত হয়। এই দেশৰ সম্পন্ন ইতিহাসে মই বর্তমানৰ পৰিপ্রেক্ষিতত যেন সম্ভৱ কৰি তুলিব পাৰো৷ অহা ২৫ বছৰ স্বাধীনতাৰ এই অমৃতকাল দেশৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। মোৰ দৃঢ় বিশ্বাস এই যে এই নৱনির্মিত প্রধানমন্ত্রী সংগ্রহালয় ভৱিষ্যতৰ নির্মাণৰোও এক প্রাণশক্তিৰ কেন্দ্র হৈ পৰিব। বিভিন্ন সময়ত দেশৰ সর্বোচ্চ নেতৃত্বৰ সন্মুখত কি কি প্ৰত্যাহাৰ আছিল, কিদৰে তেওঁলোকে সেই প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিছে, তাক লৈও ভৱিষ্যৎ প্রজন্মৰ বাবে এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ে এক ডাঙৰ প্রেৰণাৰ মাধ্যম হৈ উঠিব। ইয়াত প্রাক্তন প্রধানমন্ত্রীসকলৰ বিভিন্ন কাম আৰু পদক্ষেপৰ সংশ্লিষ্ট দুর্লভ ফটো, ভাষণ, সাক্ষাৎকাৰ, মূল ৰচনাৰ দৰে স্মৰণীয় সামগ্রী সংৰক্ষণ কৰা হৈছে৷ বন্ধুসকল, ৰাজহুৱা জীৱনত যিসকলে উচ্চ পদত কাম কৰে, যেতিয়া আমি তেওঁলোকৰ জীৱনৰ দিশত ঘূৰি চাও তেতিয়া সেয়াও এক ধৰণৰ ইতিহাসৰে অৱলোকন কৰা হয়। তেওঁলোকৰ জীৱনৰ ঘটনাসমূহ, তেওঁলোকৰ সন্মুখত উঠি অহা বিভিন্ন সমস্যা, সেইবোৰৰ সমাধানত তেওঁলোকৰ বিভিন্ন সিদ্ধান্তই আমাক বহু কথা শিকায়। অর্থাৎ, সেইদৰে তেওঁলোকৰ জীৱন চলি থাকে আৰু ইয়াৰ সমান্তৰালভাৱে ইতিহাসো ৰচনা হৈ থাকে। এই জীৱনক পঢ়াটো, ইতিহাস অধ্যয়নৰ দৰেই সমান গুৰুত্বপূর্ণ। এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়লৈ আহিলে স্বাধীন ভাৰতৰ ইতিহাসক জানিব পাৰিব৷ আমি কেইবছৰমান পূৰ্বে ‘সংবিধান দিবস’ পালনৰ শুভাৰম্ভ কৰি দেশৰ লোকসকলৰ মনত জাতীয় চেতনা জগাই তোলাৰ লক্ষ্যৰে গুৰুত্বপূর্ণ পদক্ষেপ হাতত লৈছো৷ এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ো সেই লক্ষ্যৰে আন এক অত্যন্ত গুৰুত্বপূর্ণ পদক্ষেপ। বন্ধুসকল, দেশৰ প্রতিগৰাকী প্রধানমন্ত্রীয়ে সংবিধান সন্মত গণতন্ত্রৰ লক্ষ্যক সার্থকভাৱে পূৰণৰ ক্ষেত্রত অপ্রাণ চেষ্টা কৰিছে, তেওঁলোক প্রত্যেকেই নিজৰ নিজৰ অৱদান আগবঢ়াইছে৷ তেওঁলোকক স্মৰণ কৰা, তেওঁলোকৰ অৱদানৰ কথা জনা, স্বাধীন ভাৰতৰ অগ্রগতিৰ ইতিহাস জনাৰ প্রক্রিয়াক এক নতুন মাত্রা প্ৰদান কৰিব। ইয়ালৈ যিসকল আহিব, তেওঁলোকে দেশৰ প্রাক্তন প্রধানমন্ত্রীসকলৰ অৱদানৰ সৈতে পৰিচিত হ’ব৷। তেওঁলোকৰ সংঘর্ষ, তেওঁলোকৰ সৃষ্টিক জানিব৷ ভৱিষ্যৎ প্রজন্মইও ইয়াৰ পৰা এই শিক্ষাও পাব যি আমাৰ গণতান্ত্রিক দেশত কোনো কোনো প্ৰেক্ষাপটৰ পৰা আহি ভিন ভিন প্রধানমন্ত্রীয়ে তেওঁলোকৰ দায়িত্ব পালন কৰি গৈছে৷ এয়া আমাৰ সমগ্ৰ ভাৰতবাসীৰ বাবে অত্যন্ত গৌৰৱৰ বিষয় যে আমাৰ অধিকাংশ প্রধানমন্ত্রী অতি সাধাৰণ পৰিয়ালৰ পৰা উঠি আহিছে৷ দূৰ্গম গাঁৱৰ আহি, একেবাৰে দুখীয়া পৰিয়ালৰ পৰা আহি, কৃষক পৰিয়ালৰ পৰা আহিও প্রধানমন্ত্রী পদত অধিষ্ঠিত হৈছে ভাৰতীয় গণতন্ত্রৰ মহান পৰম্পৰাসমূহৰ প্রতি বিশ্বাস দৃঢ় কৰিছে৷ এই দেশক, এই দেশৰ যুৱ সম্প্রদায়ৰ মনতো বিশ্বাসৰ জন্ম দিয়ে যি ভাৰতৰ গণতান্ত্রিক ব্যৱস্থাত সাধাৰণ পৰিয়ালত জন্মগ্রহণকাৰী ব্যক্তিয়েও তেওঁলোকৰ কামৰ জৰিয়তে দেশৰ শীর্ষতম পদসমূহত অধিষ্ঠিত হ’ব, সেইবোৰ পদ অলংকৃত কৰিছে৷ বন্ধুসকল, এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ৰ যিমান অতীত আছে, সিমান ভৱিষ্যতো আছে৷ এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ে দেশৰ জনগণৰ বিগত সময়ৰ যাত্রাপথৰ বিভিন্ন পর্যায়ত নতুন লক্ষ্যসমূহক আৰু লক্ষ্য পূৰণৰ ইতিহাসক সংৰক্ষিত কৰি, নতুন ৰূপত ভাৰতৰ উন্নয়ন যাত্রাক অব্যাহত ৰখাত সহায় কৰিব৷ এয়া এনে এক যাত্রাপথ, য’ত আপোনালোকে এক নতুন ভাৰতৰ সপোনসমূহে উন্নয়নৰ পথত আগুৱাই যোৱাৰ বিভিন্ন পর্যায়ক নিবিড়ভাবে দেখিবলৈ পাব। এই ভৱনত ৪০টাতকৈও অধিক গেলাৰী আছে আৰু প্রায় ৪ হাজাৰ লোকে একে সময়তে চোৱাৰ ব্যৱস্থা আছে৷ ভাৰ্চুৱেল ৰিয়েলিটী, ৰবটছ আৰু অন্যান্য অত্যাধুনিক প্রযুক্তিৰ জৰিয়তে দ্রুতগতিত পৰিৱর্তনশীল ভাৰতৰ চিত্রও এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ৰ জৰিয়তে বিশ্ববাসীয়ে চাবলৈ পাৰিব। এই প্রযুক্তিৰ জৰিয়তে দর্শকসকলৰ মনত এনে অনুভূতি জগাই তুলিব, যেন আমি সচাকৈয়ৈ সেই সময়ত আছো, সেই প্রধানমন্ত্রীসকলৰ সৈতে ছেলফি লৈছো, তেওঁলোকৰ সৈতে কথা পাতিব পাৰিছো৷ বন্ধুসকল, আমাৰ দেশৰ নৱ প্ৰজন্ম, ছাত্র-ছাত্রীসকলে এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়লৈ অহাৰ বাবে অধিক উৎসাহিত কৰিব লাগিব৷ এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ে তেওঁলোকৰ অভিজ্ঞতাক আৰু অধিক সম্প্রসাৰিত কৰিব৷ আমাৰ নৱ প্রজন্ম অতি সক্ষম আৰু তেওঁলোকৰ মাজত দেশক নতুন উচ্চতালৈ নিয়াৰ ক্ষমতা আছে৷ তেওঁলোকে নিজৰ দেশ সম্পর্কে, স্বাধীন ভাৰতৰ গুৰুত্বপূর্ণ মুহূর্তবোৰ সম্পর্কে, ঘটনাসমূহৰ সম্পর্কে যিমান অধিক জানিব, যিমান অধিক বুজিব, সিমানেই তেওঁলোকে ভৱিষ্যতত সঠিক সিদ্ধান্ত ল’ব পৰা হ’ব, সক্ষম হৈ উঠিব৷ এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ে ভৱিষ্যৎ প্রজন্মৰ বাবে জ্ঞানৰ, ভাৱনাৰ, অভিজ্ঞতাৰ, অনুভৱৰ এটা এনে অনুপম দুৱাৰ খোলাৰ কাম কৰিব৷ ইয়ালৈ আহি তেওঁৱোকে যিমান বোৰ জানিব পাৰিব, যিবোৰ তথ্যৰ সৈতে তেওঁলোক পৰিচিত হ’ব, সেইবোৰে তেওঁলোকক ভৱিষ্যতত সিদ্ধান্ত লোৱাত সহায় কৰিব৷ ইতিহাসৰ ছাত্র-ছাত্রীসকল যেতিয়া গবেষণা কৰিব বিচাৰে, তেওঁলোকো ইয়ালৈ আহি বহুত লাভান্বিত হ’ব৷ বন্ধুসকল, ভাৰত গণতন্ত্রৰ জননী৷ ভাৰতৰ গণতন্ত্রৰ এইটোৱে আটাইতকৈ ডাঙৰ বৈশিষ্ট্য এই যে সময়ৰ সৈতে এই গণতন্ত্রত ক্রমাগত পৰিৱর্তন আহিছে৷ প্রতিটো যুগত, প্রতিটো প্রজন্মত গণতন্ত্রক আৰু অধিক আধুনিক আৰু অধিক শক্তিশালী কৰি তোলাৰ নিৰন্তৰ প্রয়াস কৰা হৈছে৷ সময়ৰ সৈতে যিদৰে বহুবাৰ সমাজৰ কেতবোৰ ত্রুটি-বিচ্যুতি, কু-সংস্কাৰত পৰিণত হয়, সিমানেই গণতন্ত্রৰ সন্মুখতো বিভিন্ন সময়ত বহুত সমস্যা আহিছে, বহু প্ৰত্যাহ্বান আহিছে। এই প্ৰত্যাহ্বানসমূহ, এই ত্রুটিসমূহ দূৰ কৰা, নিজকে পৰিষ্কাৰ কৰা, এয়াই ভাৰতীয় গণতন্ত্রৰ প্রধান বৈশিষ্ট্য। এয়াই ভাৰতীয় গণতন্ত্রৰ প্ৰকৃত সৌন্দর্য আৰু এইক্ষেত্রত প্রতিগৰাকী নেতাই তেওঁলোকৰ অৱদান আগবঢ়াইছে৷ দুই এটা ব্যক্তিক্রম বাদ দিলে, আমাৰ দেশত গণতন্ত্রক গণতান্ত্রিক পদ্ধতিৰে শক্তিশালী কৰাৰ গৌৰৱময় পৰম্পৰা পৰিলক্ষিত হৈছে৷ সেইবাবে আমাৰো দায়িত্ব এই যে নিজৰ প্রচেষ্টাৰ জৰিয়তে আমাৰ গণতন্ত্ৰক যেন আৰু অধিক শক্তিশালী কৰি থাকিব পাৰো৷ আজি যিবোৰ সমস্যা আমাৰ গণতন্ত্রৰ সন্মুখত আছে, সময়ৰ সৈতে যিবোৰ ত্রুটিয়ে ইয়াত আমাক বিড়ম্বনাত পেলাইছে, সেইবোৰ দূৰ কৰি যেন আমি আগুৱাই যাব পাৰো, এয়াই আমাৰ পৰা এই দেশৰ গণতন্ত্রই আশা কৰে৷ দেশবাসীয়েও আমাৰ সকলোৰে পৰা এয়াই প্রত্যাশা কৰে৷ আজিৰ এই ঐতিহাসিক মুহূর্ত গণতন্ত্রক শক্তিশালী আৰু সমৃদ্ধ কৰাৰ সংকল্পকো পুনৰুচ্ছাৰণ কৰাৰো এক শুভ মুহূর্ত। আমাৰ ভাৰতত যুগে যুগে বিভিন্ন ভাৱধাৰা, বিভিন্ন মত, পথ আৰু পৰম্পৰাৰ সমাবেশ হৈছে। আমাৰ গণতন্ত্রই আমাৰ এই কথা নিশিকায় যে কোনো এক নির্দিষ্ট দর্শন, নির্দিষ্ট ভাৱনাই সর্বোত্তম আৰ অন্যবোৰ নহয়। আমিতো সেই সভ্যতাৰ কোলাত লালিত-পালিত হৈছো, য’ত এইকথা কোৱা হৈছে যে– “আ নো ভদ্রাঃ ক্রতভো য়ন্তু বিশ্বতঃ” অর্থাৎ, আমাৰ বাবে যেন সকলো দিশৰ পৰা সদ বিচাৰ, শুদ্ধ ভাৱনা আহে৷ আমাৰ গণতন্ত্রই সদায় নতুনক স্বীকাৰ কৰি লোৱাৰ, নতুন চিন্তা-ভাৱনাক মানি লোৱাৰ, নতুন চিন্তা-ভাৱনাক গ্রহণ কৰাৰ আমাৰ প্রেৰণা দিয়ে৷ নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়লৈ যিসকল দর্শক হিচাপে আহিব, তেওঁলোকে গণতন্ত্রৰ এই শক্তিকো দেখিবলৈ পাব, অনুভৱ কৰিব৷ ভাৱনা, দর্শনক লৈ সহমত নহ’ব পাৰে, বিভিন্ন ৰাজনৈতিক ধাৰা থাকিব পাৰে, কিন্তু গণতন্ত্রত সকলোৰে উদ্দেশ্য, সকলোৰে লক্ষ্য এটাই, সেয়া হৈছে– দেশৰ উন্নয়ন। সেইবাবে এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ে কেৱল দেশৰ প্রধানমন্ত্রীসকলৰ সাফল্য, তেওঁলোকৰ অৱদানসমূহক সংৰক্ষণতে সীমাবদ্ধ থকা নাই, এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ে প্রত্যেক বিপৰীত পৰিস্থিতিত, বিভিন্ন কঠিন সময়ত আমাৰ দেশত গণতন্ত্রৰ শিকলি কিদৰে আৰু অধিক গভীৰতাত উপনীত কৰিব আৰু কিমান দৃঢ় হৈছে–সেয়া অনুধাৱন কৰাব। এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ে আমাৰ সংস্কৃতিত হাজাৰ হাজাৰ বছৰ ধৰেৰি পুষ্পিত গণতান্ত্রিক সংস্কাৰসমূহৰ দৃঢ়তা আৰু সংবিধানৰ প্রতি শক্তিশালী হোৱাত আস্থাৰ প্রতীক হৈ উঠিছে। বন্ধুসকল, নিজৰ ঐতিহ্যক সংৰক্ষণ কৰা, সেইবোৰ ভৱিষ্যৎ প্রজন্মক জনোৱাটো প্রতিখন ৰাষ্ট্রৰ দায়িত্ব। আমাৰ দেশত স্বাধীনতা আন্দোলন, আমাৰ সাংস্কৃতিক বৈভৱৰ যাবতীয় প্রেৰণাদায়ী প্ৰসংগ আৰু প্রেৰণাদায়ী ব্যক্তিত্বৰ কৃতিত্বক তুলি ধৰা, জনসাধাৰণক সকলো আন্দোলনক তুলি ধৰাৰ বাবে আমাৰ চৰকাৰে নিৰন্তৰ কাম কৰি আহিছে। দেশৰ পৰা চুৰি হোৱা মূর্তিসমূহ আৰু বিভিন্ন গুৰুত্বপূর্ণ কলাকৃতী ঘূৰাই অনাৰ পৰা আৰম্ভ কৰি পুৰণি সংগ্রহালয়সমূহৰ পুনৰ নিৰ্মাণ, নতুন নতুন সংগ্রহালয় নির্মাণৰ এক বৃহৎ অভিযান বিগত ৭-৮ বছৰ ধৰি চলি আছে আৰু এই প্রচেষ্টাসমূহৰ অন্তৰালত এটা বহুত ডাঙৰ উদ্দেশ্য আছে৷ যেতিয়া আমাৰ নৱ প্রজন্মই এই জীৱন্ত প্রতীকসমূহ দেখিব, তেতিয়া তেওঁলোকৰ মনত তথ্য সম্পর্কে জ্ঞান যিমানে জাগি উঠিব, সিমানেই সত্য সম্পর্কেও নিজা জ্ঞান অংকুৰিত হ’ব৷ যেতিয়া কোনোৱে জালিয়ানৱালা বাগ স্মাৰকক চাব তেতিয়া তেওঁ সেই স্বাধীনতাৰ গুৰুত্ব অনুধাৱন কৰিব পাৰে, যি স্বাধীনতাৰ আনন্দ আজি তেওঁ উপভোগ কৰিছে৷ যেতিয়া কোনো লোকে স্বাধীনতা সংগ্রামীসকলৰ সংগ্রহালয় চাব, তেতিয়া তেওঁলোকে জানিব পাৰে যে স্বাধীনতা সংগ্রামত দূৰ দুৰণিৰ অৰণ্যত বসবাস কৰা আমাৰ দেশৰ প্রতিটো এলেকাৰ জনজাতি ভাই-ভনীসকলেও কিদৰে অৱদান ৰাখিছে, প্রত্যেক শ্রেণীৰ লোকসকলে কিদৰে তেওঁলোকৰ সর্বস্ব উৎসর্গ কৰিছে৷ যেতিয়া কোনোৱে স্বাধীনতা সংগ্রামীসকলক লৈ নিৰ্মাণ কৰা সংগ্রহালয় চাব, তেতিয়া তেওঁলোকে অনুভৱ কৰিব যে দেশৰ বাবে আত্মবলিদান মানে কি হয়। এয়া আমাৰ চৰকাৰৰে সৌভাগ্য যে দিল্লীৰ আলিপুৰ ৰোডত আমি বাবাচাহেব ভীমৰাও আম্বেদকাৰৰ ‘মহাপৰিনির্বাণ স্থলী’ত বাবাচাহেবৰ স্মৃতিসৌধ নির্মাণ কৰিব পাৰিছো৷ বাবাচাহেব ভীমৰাও আম্বেদকাৰক লৈ যি ‘পঞ্চতীর্থ’ নিৰ্মাণ কৰা হৈছে, সেইবোৰে ইতিমধ্যে বৰ্তমানৰ নৱ প্রজন্ম আৰু ভৱিষ্যৎ প্রজন্মৰ বাবে সামাজিক ন্যায় আৰু অটুট ৰাষ্ট্র নিষ্ঠা, প্রেৰণাৰ কেন্দ্র হৈ পৰিছে। বন্ধুসকল, এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়েও জনগণৰ দ্বাৰা নির্বাচিত প্রধানমন্ত্রীসকলৰ ঐতিহ্যক প্রদর্শিত কৰি আমাৰ ‘সবকা প্রয়াস’ৰ ভাৱনাৰ উৎসৱ উদযাপন কৰিছে৷ ইয়াৰ যি ল’গ’, সেইটো যেতিয়া আপোনালোকে চাব, ভালকৈ লক্ষ্য কৰিব, তেতিয়া বুজিব পাৰিব, এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ৰ ল’গ’ত দেকিবলৈ পাব যে কোটি কোটি ভাৰতীয়ৰ হাতে চক্রটোক দাঙি ধৰিছে। এই চক্রই ২৪ ঘণ্টা নিৰন্তৰতাৰ প্রতীক। সমৃদ্ধিৰ সংকল্পৰ বাবে এই চক্র পৰিশ্রমৰ প্রতীক। এয়াই সেই পণ, এয়াই সেই শপত, এয়াই সেই চেতনা, এয়াই সেই শক্তি, যি অহা ২৫ বছৰত ভাৰতৰ উন্নয়নক সংজ্ঞায়িত কৰি থাকিব৷ বন্ধুসকল, ভাৰতৰ ইতিহাসৰ মহানতাৰ সৈতে, ভাৰতৰ সমৃদ্ধিকালৰ সৈতে আমি সকলোৱে ইয়ালৈ আহি চিনাকী হ’ব পাৰিম৷ সেইবাবে আমি সকলো সময়তে গৌৰৱ কৰিব পাৰিম৷ ভাৰতৰ ঐতিহ্যৰ সৈতে আৰু ভাৰতৰ বর্তমানৰ সৈতে আজি বিশ্ববাসীয়ে যাতে সঠিকভাবে পৰিচিত হৈ উঠে সেয়া সুনিশ্চিত কৰিবলৈ এই ধৰণৰ সংগ্রহালয় অত্যন্ত প্রয়োজনীয়। আজি যি সময়ত এক নতুন ৱর্ল্ড অর্ডাৰ গঢ় লৈ উঠিছে, বিশ্বই ভাৰতৰ দিশে এক আশা আৰু বিশ্বাসপূর্ণ দৃষ্টিৰে চাইছে, সেই সময়ত ভাৰতকো প্রতি মুহূর্তত নতুন উচ্চতালৈ নিয়াৰ বাবে নিজৰ প্রচেষ্টা কৰি যাব লাগিব৷ এনে সময়ত স্বাধীনোত্তৰ এই ৭৫ বছৰ অত্যন্ত গুৰুত্বপূর্ণ। এই ৭৫ বছৰত ভাৰতৰ প্রধানমন্ত্রীসকলৰ কার্যকাল সম্পর্কে বিস্তাৰিতভাৱে জানিবলৈ এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ে আমাক সহায় কৰিব, আমাক সদায় প্রেৰণা যোগাব। এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ে আমাৰ মনৰ মাজত ভাৰতৰ বাবে ডাঙৰ সংকল্পৰ বীজ ৰোপণৰ সামর্থ্য গঢ়ি তুলিব। এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ে ভাৰতৰ ভৱিষ্যতক যিসকলে গঢ়ি তুলিব, সেই যুৱ সম্প্রদায়ৰ মনত কিবা এটা কৰি দেখুওৱাৰ ভাৱনা অংকুৰিত কৰিব৷ অনাগত সময়ত ইয়াত যিসকলৰ নাম অন্তৰ্ভূক্ত হ’ব তেওঁলোকৰ কামো অন্তৰ্ভূক্ত হ’ব৷ তাৰ পৰাই আমি সকলোৱে এক ‘বিকশিত ভাৰত’ৰ সপোনক, এক উন্নত ভাৰতৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ শান্তি বিচাৰি পাম৷ ইয়াৰ বাবে বৰ্তমান পৰিশ্রম কৰিব লাগিব৷ এই সময়, স্বাধীনতাৰ এই অমৃতকাল, ঐক্যবদ্ধতা, একনিষ্ঠতা আৰ বিভিন্ন প্রচেষ্টাৰ বাস্তবায়িত কৰাৰ সময়। সমগ্র দেশবাসীৰ প্রতি মোৰ অনুৰোধ, আপোনালোক নিজে এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়টো চাবলৈ আহক, আৰু আপোনালোকৰ সন্তান-সন্ততিকো এই সংগ্রহালয় দর্শন কৰোৱাৰ বাবে নিশ্চিতভাৱে লৈ আহক৷ আপোনালোকক আমন্ত্রণ জনাই পুনৰবাৰ এই নৱনিৰ্মিত প্রধানমন্ত্রী সংগ্রহালয়ৰ বাবে সমগ্র দেশবাসীক বহুত বহুত শুভেচ্ছা জনাইছো৷ ধন্যবাদ!
নতুন দিল্লীত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9F%E0%A6%95%E0%A6%BF%E0%A6%85-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A6-%E0%A6%AA%E0%A7%87%E0%A7%B0%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BF%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9F%E0%A6%95%E0%A6%BF%E0%A6%85-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A6-%E0%A6%AA%E0%A7%87%E0%A7%B0%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BF%E0%A6%95/
নমস্কাৰ! কাৰ্যক্ৰমত মোৰ সৈতে উপস্থিত থকা ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী শ্ৰীমান অনুৰাগ ঠাকুৰ জী, খেলুৱৈ বন্ধুসকল, প্ৰশিক্ষকসকল, আৰু বিশেষভাবে উপস্থিত থকা আপোনালোকৰ অভিভাৱকসকল। আপোনালোকৰ সৈতে কথা পাতি মোৰ বিশ্বাস বাঢ়িছে যে এইবাৰৰ ‘পেৰালিম্পিক ক্ৰীড়া মহোত্সৱ’তো ভাৰতে নতুন ইতিহাস ৰচনা কৰিব। মই আপোনালোক সকলো খেলুৱৈ আৰু প্ৰশিক্ষকবৃন্দক আপোনালোকৰ সফলতাৰ বাবে, দেশৰ বিজয়ৰ বাবে বহুত বহুত শুভ কামনা জ্ঞাপন কৰিছো। বন্ধুসকল, আপোনালোকৰ আত্মবিশ্বাস, কিবা এটা কৰি দেখুওৱাৰ বাবে আপোনালোকৰ ইচ্ছাশক্তি দেখিছো অসীম। আপোনালোক আটাইৰে পৰিশ্ৰমৰেই পৰিণাম যে আজি পেৰালিম্পিকলৈ বুলি সকলোতকৈ অধিক সংখ্যাত ভাৰতৰ খেলুৱৈ যাবলৈ ওলাইছে। আপোনালোকে কৈছে যে ক’ৰোনা মহামাৰীয়েও আপোনালোকৰ সমস্যা নিশ্চিত ভাবেই বৃদ্ধি কৰিছে, পিচে আপোনালোকে এই তালিকাক কমিবলৈ দিয়া নাই। আপোনালোকে সেই সংকটকো অতিক্ৰম কৰিবলৈ যি কৰণীয় আছিল আপোনালোকে সেয়াও কৰি ল’লে। আপোনালোকে আপোনালোকৰ মনোবল কম হ’বলৈ দিয়া নাই, আপোনালোকে অনুশীলন বন্ধ হ’বলৈ দিয়া নাই। আৰু এয়াইতো প্ৰকৃত ‘স্পৰ্টছ মেন স্পীৰিট’ হয়, সকলো পৰিস্থিতিতে সিয়ে আমাক শিকনী দিয়ে যে ‘য়েছ, উই উইল ডু ইট! উই কেন ডু ইট’ আৰু আপোনালোক আটায়ে এয়া কৰিও দেখুৱাইছে। বন্ধুসকল, আপোনালোক এই পৰ্যায়ত উপস্থিত হৈছেহি কিয়নো আপোনালোক প্ৰকৃত চেম্পিয়ণ হয়। জীৱনৰ খেলত আপোনালোকে সংকটক পৰাজিত কৰিছে। জীৱনৰ খেলত আপোনালোকে বিজয় সাব্যস্ত কৰিছে, চেম্পিয়ণৰ খিতাপ আহৰণ কৰিছে। একোগৰাকী খেলুৱৈ হিচাপে আপোনালোকৰ বাবে আপোনালোকে বিজয়, আপোনালোকৰ পদক বহুত গুৰুত্বপূৰ্ণ হয়, পিচে মই বাৰে বাৰে কও যে নতুন মানসিকতাৰ ভাৰতে আজি নিজৰ খেলুৱৈৰ ওপৰত পদকৰ হেঁচা প্ৰয়োগ নকৰে। আপোনালোকে কেৱল আপোনালোকৰ সামৰ্থ্যৰ এশ শতাংশ অৰ্পণ কৰিব লাগিব, সম্পূৰ্ণ অন্তঃকৰণৰে, কোনো ধৰণৰ মানসিক চাপ নোহোৱাকৈ, সন্মুখত কিমান ডাঙৰ খেলুৱৈ আছে সেই বিষয়ে চিন্তা নকৰাকৈ কেৱল খেলত সৰ্বস্ব উজাৰি দিয়ক, খেলৰ নামত সমস্ত পৰিশ্ৰম অৰ্পণ কৰক। মই যেতিয়া নতুনকৈ প্ৰধানমন্ত্ৰী হৈ পৃথিৱীৰ বিভিন্নজনৰ সৈতে মিলিত হৈছিলো, তেওঁলোকতো উচ্চতাৰেও আমাকতকৈ ওখ হয়, তেওঁলোকৰ আওভাও বৃহতেই হয়। মোৰ ‘বেকগ্ৰাউণ্ড’ আপোনালোকৰ নিচিনাই আছিল আৰু দেশতো বহুতে আশংকা কৰিছিল যে মোদী জীৰতো পৃথিৱী সম্পৰ্কে একো জ্ঞানেই নাই এওঁবা প্ৰধানমন্ত্ৰী হৈ কি কৰে? কিন্তু মই যেতিয়া পৃথিৱীৰ নেতাসকলৰ সৈতে কৰমৰ্দন কৰিছিলো, তেতিয়া মই কিন্তু এই কথা কেতিয়াও নাভাবিছিলো যে নৰেন্দ্ৰ মোদীয়ে কৰমৰ্দন কৰিছে। বৰং মই এনেকৈহে ভাবিছিলো যে ১০০কোটিৰো অধিক জনসংখ্যা থকা এখন দেশে কৰমৰ্দন কৰি আছে। মোৰ পিচত ১০০কোটিৰো অধিক দেশবাসী থিয় দি আছে। এনে এক ভাবেই আছিল আৰু তাৰ বাবেই মই কেতিয়াও ‘কনফিডেন্স’ৰ সমস্যাত ভোগা নাছিলো। মই দেখিছো আপোনালোকৰ অভ্যন্তৰতো জীৱনক জয় কৰাৰ ‘কনফিডেন্স’ আছে আৰু খেলত বিজয় সাব্যস্ত কৰাটোতো আপোনালোকৰ বাবে বাওঁ হাতৰ খেলেই হয়। আপোনালোকৰ পৰিশ্ৰমৰে আপোনালোকে পদকতো আনিবই। আপোনালোকে নিশ্চয় দেখিছেই যে, অলিম্পিকত আমাৰ কিছুসংখ্যক খেলুৱৈয়ে বিজয় সাব্যস্ত কৰিছে যদিও একাংশ কিন্তু পৰাজিতও হৈছে। কিন্তু দেশ সকলোৰে ওচৰত শক্তিশালী ৰূপত থিয় দি আছিল, সকলোকে উত্সাহিত কৰি আছিল। বন্ধুসকল, এগৰাকী খেলুৱৈ হিচাপে আপোনালোকে এই কথা ভালকৈয়ে জানে যে, খেলপথাৰত যিমান শাৰিৰীক শক্তিৰ প্ৰয়োজন সিমানেই মানসিক শক্তিৰো প্ৰয়োজন হয়। আপোনালোকতো বিশেষ ৰূপত এই পৰিস্থিতিৰ পৰা ওলাই আহি আগবঢ়িব খুজিছে য’ত মানসিক শক্তিৰেই ইমানখিনি সম্ভৱ হৈছে বুলি ক’ব লাগিব। সেয়ে, আজি দেশে নিজৰ খেলুৱৈসকলৰ বাবে এই সকলো কথালৈ লক্ষ্য ৰাখিছে। খেলুৱৈসকলৰ বাবে ‘স্পৰ্টছ চাইকলজী’ সম্পৰ্কীয় কৰ্মশালা আৰু সন্মিলন আদিৰ নিৰন্তৰ ব্যৱস্থা কৰি আহিছে। আমাৰ সৰহখিনি খেলুৱৈ সৰু সৰু চহৰ, এলেকা আৰু গাঁৱৰ পৰা আহিছে। সেয়ে, ‘এক্সপজাৰ’ৰ অভাৱ তেওলোকৰ বাবে এক বৃহত্ প্ৰত্যাহ্বান হৈ আহিছে। নতুন ঠাই, নতুন মানুহ, আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি, বহুবাৰ এই প্ৰত্যাহ্বানসমূহেই আমাৰ মনোবল কম কৰি পেলায়। সেয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে এই দিশতো আমাৰ খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰা উচিত হ’ব। মই আশা কৰো ‘টকিঅ’ পেৰালিম্পিক’ক লক্ষ্যত ৰাখি যি তিনিটা ‘চেছন’ত আপোনালোকে যোগদান কৰিলে, তাৰ দ্বাৰা আপোনালোকে বহুখিনি লাভ কৰিব পাৰিছে। বন্ধুসকল, আমাৰ সৰু সৰু গাঁওসমূহত, দূৰ-দূৰণিৰ অঞ্চলসমূহত কিমান যে অদভুত প্ৰতিভা ভৰপূৰ হৈ আছে, তেওঁলোকৰ কিমান যে আত্মবিশ্বাস আছে, আজি মই আপোনালোক আটাইকে দেখি কৈ দিব পাৰো যে মোৰ সন্মুখত তাৰ প্ৰত্যক্ষ প্ৰমাণ আছে। বহু সময়ত আপোনালোকৰো চাগৈ লাগে যে আপোনালোকে যি সাধাৰণ সুবিধা পাইছিল, সেইকণো যদি নাপালেহেতেন তেন্তে হ’লে আপোনালোকৰ সপোনবোৰৰ অৱস্থা কি হলহেতেন? এই একেটা চিন্তা আমি দেশৰ অন্য লাখ লাখ যুৱক-যুৱতীৰ ক্ষেত্ৰতো কৰিব লাগিব। এনেকুৱা কিমান যে্ যুৱ–প্ৰতিভা আছে যিসকলে পদক অনাৰ যোগ্যতা বহণ কৰিছে। আজি দেশে তেওঁলোকৰ কাষ চপাৰ বাবে প্ৰয়াস কৰি আছে, গ্ৰামীণ ক্ষেত্ৰসমূহত বিশেষ নজৰ দি আহিছে। আজি দেশৰ আঢ়ৈশৰো অধিক জিলাত ৩৬০টা ‘খেলো ইণ্ডিয়া কেন্দ্ৰ’ স্থাপন কৰা হৈছে, যাতে স্থানীয় পৰ্যায়তে প্ৰতিভাসমূহক বিচাৰি উলিয়াব পৰা যায়, তেওঁলোকক সুযোগ প্ৰদান কৰিব পৰা যায়। আগন্তুক সময়ত এই কেন্দ্ৰৰ সংখ্যা এক হাজাৰ পৰ্যন্ত বৃদ্ধি কৰা হ’ব। এইদৰেই, আমাৰ খেলুৱৈসকলৰ সন্মুখত সংসাধনৰো আৰু এটা প্ৰত্যাহ্বান আছে। আপোনালোকে খেলিবলৈ গৈছিল যদিও ভাল ‘গ্ৰাউণ্ড’, ভাল উপকৰণ নাছিলেই। কিন্তু আজি দেশত ‘স্পৰ্টছ’ৰে জড়িত আন্তঃগাঁথনিৰো বিস্তাৰ কৰা হৈছে। দেশে মুকলি মনেৰে প্ৰতিগৰাকী খেলুৱৈক সহযোগিতা আগবঢ়াই আহিছে। ‘টাৰ্গেট অলিম্পিক পডিয়াম স্কীম’-ৰ জৰিয়তেও দেশে খেলুৱৈসকলক আৱশ্যকীয় সা-সুবিধা দিয়াৰ ব্যৱস্থা কৰিছে, লক্ষ্য নিৰ্দ্ধাৰিত কৰিছে। তাৰ পৰিণাম আজি আমাৰ সন্মুখত দেখিবলৈ পাইছো। বন্ধুসকল, খেলত যদি দেশক শীৰ্ষ পৰ্যন্ত নিয়াৰ কথা চিন্তা কৰা হয় তেন্তে আমি সেই পুৰণি ভয়টোক মনৰ পৰা আঁতৰাই পঠাবই লাগিব; যিটো পুৰণি প্ৰজন্মবোৰৰ মনত শিপাই গৈছিল। কোনো শিশুৱে যদি খেলৰ প্ৰতি অধিক আগ্ৰহ প্ৰদৰ্শন কৰিছিল তেন্তে ঘৰ-ঘৰোৱাহৰ চিন্তা হৈ গৈছিল যে ই গৈ আগলৈ কি কৰি খাববা! কিয়নো এটা-দুটা খেলক বাদ দি আন খেল আমাৰ বাবে সফলতা অথবা কেৰিয়াৰৰ যোগ্যতাই অৰ্জন নকৰিছিল। এই মানসিকতাক, এই অসুৰক্ষাৰ মানসিকতাক নেওঁচাৰ আমাৰ বাবে খুবেই আৱশ্যক। বন্ধুসকল, ভাৰতত ‘স্পৰ্টছ কলচাৰ’ক বিকশিত কৰাৰ বাবে আমি নিজৰ ধৰণ-কৰণক নিৰন্তৰ শুধৰোৱাই ৰাখিব লাগিব। আজি আন্তঃৰাষ্ট্ৰীয় খেলসমূহৰ লগতে পাৰম্পাৰিক ভাৰতীয় খেলসমূহকো নতুন পৰিচিতি প্ৰদান কৰা হৈছে। যুৱ-প্ৰজন্মক সুযোগ প্ৰদান কৰাৰ বাবে, ‘প্ৰফেশ্যনেল এনভাৰ্ণমেণ্ট’ দিয়াৰ বাবে মণিপুৰৰ ইম্ফলত দেশৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়ও মুকলি কৰা হৈছে। নতুন ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’তো পঢ়াৰ লগতে খেলকো সমান প্ৰাথমিকতা প্ৰদান কৰা হৈছে। আজি দেশে নিজেই আগবাঢ়ি আহি ‘খেলো ইণ্ডিয়া অভিযান’ চলাবলৈ ধৰিছে। বন্ধুসকল, আপোনালোক যি ক্ৰীড়াৰেই জড়িত নহওক কিয়, ‘এক ভাৰত-শ্ৰেষ্ঠ ভাৰত’ৰ ভাৱনাকো শক্তিশালী কৰি আহিছে। আপোনালোক যি ৰাজ্যৰে নহওক কিয়, যি ক্ষেত্ৰৰে নহওক কিয়, যি ভাষাই নকওক কিয়, এই সকলোৰে ওপৰত আপোনালোক আজি ‘টীম ইণ্ডিয়া’ হয়। এই ‘স্পিৰিট’ আমাৰ সমাজৰ সকলো ক্ষেত্ৰতে হোৱা উচিত, সকলো পৰ্যায়তে দেখিবলৈ পোৱা উচিত। সামাজিক সমতাৰ এই অভিযানত ‘আত্মনিৰ্ভৰ ভাৰত’ত মোৰ দিব্যাংগ ভাই-ভনীসকলো দেশৰ বাবে বহুত মহত্বপূৰ্ণ অংশীদাৰ। আপোনালোকে সাব্যস্ত কৰিছে যে শাৰিৰীক কঠিনতাৰ বাবে জীৱন স্তব্ধ হৈ পৰা উচিত নহয়। সেয়ে আপোনালোক সকলোৰে বাবে দেশবাসীৰ বাবে বিশেষকৈ নতুন প্ৰজন্মৰ বাবে আপোনালোক বহুত ডাঙৰ প্ৰেৰণাৰ উত্স। বন্ধুসকল, আগতে দিব্যাংগসকলক সা-সুবিধা দিয়াটোক ‘ৱেলফেয়াৰ’ বুলি গণ্য কৰা হৈছিল। কিন্তু আজি দেশে ইয়াক নিজৰ দায়িত্ব বুলি স্বীকাৰ কৰি কামত অগ্ৰসৰ হৈছে। সেয়ে, দেশৰ সংসদে দি ‘ৰাইটছ ফৰ পাৰ্ছনছ উইথ ডিজেবিলিটী এক্ট’-ৰ দৰে আইন যুগুতাই দিব্যাংগসকলৰ অধিকাৰসমূহক আইনী সুৰক্ষা দান কৰিছে। ‘সুগম্য ভাৰত অভিযান’ ইয়াৰ এক উল্লেখনীয় উদাহৰণ। আজি অসংখ্য চৰকাৰী ভৱন, অসংখ্য ৰে’ল ষ্টেশ্যন, হাজাৰ হাজাৰ ৰে’লৰ ডবা, বহু সংখ্যক আভ্যন্তৰীণ বিমানবন্দৰৰ আন্তঃগাঁথনি দিব্যাংগজনৰ বাবে সুগম কৰি নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হৈছে। ভাৰতীয় ‘ছাইন লেংগুৱেজ’ৰ মানক অভিধান প্ৰস্তুত কৰাৰ কামো দ্ৰুত গতিৰে চলি আছে। ‘এনচিইআৰটি’-ৰ কিতাপসমূহো ‘ছাইন লেংগুৱেজ’লৈ অনুবাদ কৰি থকা হৈছে। এনে ধৰণৰ প্ৰয়াসসমূহৰ পৰা মানুহৰ জীৱন কিমানযে সলনি হবলৈ ধৰিছে, কিমান যে প্ৰতিভাই দেশৰ বাবে কিবা কৰাৰ বাবে ভৰসা লাভ কৰিব পাৰিছে। বন্ধুসকল, দেশে যেতিয়া প্ৰয়াস কৰে, আৰু তাৰ সোণালী পৰিণামো আমি তত্কালেই লাভ কৰো, তেতিয়া আমি আৰু অধিক বেছি বিচৰাৰ, আৰু কিবা নতুনকৈ কৰাৰ প্ৰেৰণাও তাৰে পৰাই লাভ কৰো। আমাৰ একোটা সাফল্যই অন্য কোনো নতুন লক্ষ্যৰ বাবে পথ প্ৰশস্থ কৰি তোলে। সেয়ে, যেতিয়া আপোনালোকে ত্ৰিৰংগা লৈ টকিঅ’ত আপোনালোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবগৈ তেতিয়া কেৱল পদকেই নিজিকে, বৰং ভাৰতৰ সংকল্পসমূহকো বহুদূৰলৈ লৈ যাব, সেইবোৰক এক নতুন শক্তি প্ৰদান কৰিব, সেইবোৰক আৰু আগুৱায়ো নিব। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপোনালোকৰ এই উচাহে, আপোনালোকৰ এই উদ্যমে টকিঅ’ত নতুন অভিলেখ ৰচনা কৰিব। এই বিশ্বসৰেই আপোনালোক সকলোকে আকৌ এবাৰ পুনৰ শুভাকমনা জ্ঞাপন কৰিলো। বহুত বহুত ধন্যবাদ!
‘টকিঅ’ ২০২০ পেৰালিম্পিক ক্ৰীড়া মহোত্সৱ’লৈ যাবলগীয়া ভাৰতীয় ‘পেৰা-এথলিট’সকলৰে বাৰ্তালাপত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদৰ অসমীয়া ভাঙন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F%E0%A7%B0-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A7%81%E0%A6%9A%E0%A7%B0-%E0%A6%86%E0%A6%AE%E0%A7%8B%E0%A6%A6%E0%A6%A4-%E0%A7%AE%E0%A7%A6%E0%A7%A6/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F%E0%A7%B0-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A7%81%E0%A6%9A%E0%A7%B0-%E0%A6%86%E0%A6%AE%E0%A7%8B%E0%A6%A6%E0%A6%A4-%E0%A7%AE%E0%A7%A6%E0%A7%A6/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভাৰুচৰ আমোদত ৮০০০ কোটিৰো অধিক টকাৰ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কেইটামান প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে জম্বুচৰত ‘বাল্ক ড্ৰাগ পাৰ্ক’, দহেজত ‘ডীপ ছী পাইপলাইন প্ৰকল্প’, অলংকেশ্বৰ বিমান বন্দৰৰ প্ৰথমটো পৰ্যায় আৰু অলংকেশ্বৰ আৰু পনলিত বহু-পৰ্যায়যুক্ত ঔদ্যোগিক ছাউনীৰ আধাৰশিলা স্থাপন কৰে। আনহাতে ‘জিএচিএল প্ৰকল্প’, ‘ভাৰুচ ভূতল পয়-প্ৰণালী প্ৰকল্প’ আৰু ‘আইঅ’চিএল দহেজ কোয়ালি পাইপলাইন’ প্ৰকল্পকে ধৰি গুজৰাটৰ ৰাসায়নিক ক্ষেত্ৰৰ উন্নয়ণক ত্বৰান্বিত কৰিব পৰা বহুকেইটা প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে। এই সন্দৰ্ভত প্ৰদান কৰা ভাষণৰ আৰম্ভণিতে তেওঁ শ্ৰী মুলায়েম সিং যাদৱলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। তেওঁ কয়, “মুলায়েম সিং জীৰ সৈতে মোৰ বিশেষ ধৰণৰ সম্পৰ্ক আছিল। মুখ্যমন্ত্ৰী হিচাপে আমি যেতিয়াই মিলিত হৈছিলো, আমাৰ মাজত এক পাৰস্পৰিক শ্ৰদ্ধা আৰু ঘনিষ্ঠতাৰ সম্পৰ্ক অনুভৱ কৰিছিলো”। প্ৰধানমন্ত্ৰিত্বৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱাৰ পিচত শ্ৰীমোদীয়ে যেতিয়া বহু সংখ্যক দলৰ নেতৃবৃন্দক সাক্ষাত্ কৰিছিল, তেতিয়া মুলায়েম সিং জীয়ে দিয়া আশীৰ্বাদ আৰু পৰামৰ্শ বোৰ তেওঁৰ বাবে এতিয়া গুৰুত্বপূৰ্ণ বুলিয়ে গণ্য কৰি আহিছে বুলি স্মৰণ কৰে। সময় সলনি হোৱাৰ পিচতো মুলায়েম সিং জীয়ে ২০১৩ চনত আগবঢ়োৱাৰ দৰেই আশীৰ্বাদ অব্যাহত ৰাখিছিল। তেওঁ লোকসভাত মুলায়েম সিং যাদৱে সকলো ৰাজনৈতিক মতানৈক্য পাহৰি ২০১৯ৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী হিচাপে পুনৰবাৰ জয়ী হ’ব বুলি পূৰ্বানুমান কৰাৰ কথা সোঁৱৰণ কৰে। তেওঁ মুলায়েম সিং জীয়ে সকলোৰে লগত সু সম্পৰ্ক বৰ্তাই ৰাখিছিল বুলিও অনুভৱ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে “গুজৰাটৰ এই ভূমি আৰু ‘আই নৰ্মদা’ৰ পাৰৰ পৰা মই আজি মাননীয় মুলায়েম সিং জীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ” বুলি উল্লেখ কৰাৰ লগতে তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলক দুখৰ এই মুহূৰ্তত পৰিতাপ পাহৰাৰ বাবে পৰমেশ্বৰে শক্তি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে। ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ৰ সময়ত প্ৰধানমন্ত্ৰী ভাৰুচলৈ অহাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এইডোখৰ ভূমিয়ে ৰাষ্ট্ৰ প্ৰতি উতসৰ্গিত এনে বহু শিশুৰ জন্ম দিছে যিয়ে দেশৰ নামক নতুন উচ্চতাত অৱতীৰ্ণ কৰাইছে। তেওঁ সংবিধান সভাৰ এগৰাকী সদস্য আৰু সোমনাথ আন্দোলনত চৰ্দাৰ পেটেলৰ এগৰাকী সহযোদ্ধা কানাইয়ালাল মানেকাল মুন্সি আৰু সংগীত-প্ৰবৰ পণ্ডিত ওংকাৰনাথ ঠাকুৰক স্মৰণ কৰে। শ্ৰীমোদীয়ে কয়, “গুজৰাটৰ লগতে ভাৰতৰ উন্নয়ণী যাত্ৰাত ভাৰুচৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ভাৰতৰ ইতিহাস আমি যেতিয়াই পঢ়িম আৰু ভৱিষ্যতৰ বিষয়ে যেতিয়াই আলোচনা কৰিব বিচাৰিম, ভাৰুচৰ নাম সদায়ে গৌৰৱৰে উচ্চাৰণ কৰিবই লাগিব”। তেওঁ ভাৰুচত সম্প্ৰতি গঢ় লৈ উঠা মহানগৰীয় প্ৰকৃতিৰ প্ৰসংগও উল্লেখ কৰে। বিভিন্ন ৰাসয়নিক সামগ্ৰী উত্পাদনকে ধৰি ‘প্ৰথমখন বাল্ক ড্ৰাগ পাৰ্ক’ ভাৰুচক উপহাৰ দিয়াৰ কথা আঙুলীয়াই দিয়ে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, “উন্নয়ণৰ দ্বৈত-মহানগৰ আৰ্হি’ৰ দৃষ্টিভংগীৰে ভাৰুচ আৰু অংকলেশ্বৰৰ বিকাশ সাধন কৰা হৈছে। তেওঁ অলেংকেশ্বৰত ভাৰুচ বিমান বন্দৰৰ আধাৰশিলা স্থাপনৰ কথা উল্লেখ কৰি কয় যে এই বিমানবন্দৰ নিৰ্মিত হ’লে ভাৰুচৰ নাগৰিকসকলে বৰোদা বা চুৰাটৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিবলগীয়া নহ’ব। তেওঁ দেশৰ অন্য সৰু ৰাজ্যসমূহতকৈয়ো ভাৰুচত অধিক সংখ্যক উদ্যোগ থকাৰ কথা উল্লেখ কৰে, আৰু নতুন বিমানবন্দৰ প্ৰকল্পটোৰ সুবাদত এইটো অঞ্চলে উন্নয়ণৰ দিশত বৃহত্ পথেৰে অগ্ৰসৰ হ’ব পাৰিব বুলি অভিমত ব্যক্ত কৰে। প্ৰসংগক্ৰমে তেওঁ কয় “উল্কাৰ গতিৰে কামবোৰ সম্পন্ন কৰাতো নৰেন্দ্ৰ-ভূপেন্দ্ৰৰ ‘ডাবল-ইঞ্জিন’ চৰকাৰৰে এক সু পৰিণতি”। শ্ৰী মোদীয়ে কয় যে “এয়াই হৈছে গুজৰাটৰ নতুন মুখ। বিগত দুটা দশকত গুজৰাটে সকলো ক্ষেত্ৰতে পিচপৰা ৰাজ্যৰ অভিধাৰ পৰা দ্ৰুতগতিত আগবঢ়া ঔদ্যোগিক আৰু কৃষি সমৃদ্ধিশালী ৰাজলৈ ৰূপান্তৰিত হৈছে”। ব্যস্ততাপূৰ্ণ বন্দৰ আৰু বিকশিত উপকূলৰে, জনজাতীয় আৰু মত্স্যজীৱিসকলৰ জীৱনে ৰূপান্তৰৰ মুখ দেখিবলৈ পাইছে। গুজৰাটৰ ৰাইজৰ কঠোৰ শ্ৰমৰ সুবাদত স্বাধীনতাৰ অমৃত মহোত্সৱত, ৰাজ্যখনৰ নৱ-প্ৰজন্মৰ যুৱক-যুৱতীসকলৰ বাবে এটা সোণালী যুগৰ সূচনা হৈছে। বাধাহীন বাতাবৰণ ৰচনাৰ জৰিয়তে আমি এই সুযোগ কেতিয়াও হেৰুওৱাবলৈ দিয়া উচিত নহ’ব বুলি তেওঁ উল্লেক কৰে। তেওঁ কয়, “সপোন সম্ভৱ কৰিব পৰা এক বাতাবৰণ গঢ়াৰ বাবে ‘নীতি আৰু অভিপ্ৰায়’ দুয়োটাৰে প্ৰয়োজন”। তেওঁ যোৱা কেইটা বছৰত ভাৰুচ অঞ্চলৰ আইন-শৃংখলাৰ পৰিস্থিতি উন্নত হোৱাৰ কথাও উল্লেখ কৰে। তেওঁ কৃষি, স্বাস্থ্য আৰু খোৱা পানীৰ সমস্যা সমাধান কৰি পৰিস্থিতি কেনেকৈ সলনি কৰা হ’ল সেইবিষয়েও বক্তব্য প্ৰদান কৰে। এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেওঁ কেনেকৈ এবাৰত একোটা সমস্য লৈ তাৰ সমাধানৰ বাবে কেনেকৈ পদক্ষেপ গ্ৰহণ কৰা হৈছিল তাৰো বাখ্যা দাঙি ধৰে। আজিৰ লৰা-ছোৱালীয়ে ‘সান্ধ্যআইন’ৰ দৰে শব্দৰ বিষয়ে বিশেষ নাজানে বুলি মন্তব্য কৰি এই শব্দটোৰ ব্যৱহাৰ আগতে দৈনন্দিন হৈছিল বুলি তাতপৰ্যপূৰ্ণ মন্তব্য কৰে। স্থানীয় ভাবে উত্পাদিত-নিৰ্মিত সা-সমগ্ৰীসমূহৰ ক্ৰয়-বিক্ৰয় তথা ব্যৱহাৰৰ বাবে দেশৰ প্ৰতিগৰাকী নাগৰিকে বিশেষভাবে উদ্যোগ লোৱা উচিত বুলি আহ্বান দোহৰা প্ৰধানমন্ত্ৰীয়ে তেওঁ জনাই অহা আহ্বানৰ প্ৰতি দেশবাসী জনোৱা বিশেষ সঁহাৰিৰ ফলত দেশত স্থানীয় সামগ্ৰীৰ কদৰ বঢ়াৰ বিপৰীতে বিদেশী সামগ্ৰীৰ আমদানি লক্ষণীয় হাৰত কমিবলৈ লৈছে বুলি মন্তব্য কৰে। তেওঁ কয়, “প্ৰতিগৰাকী নাগৰিকে আত্মনিৰ্ভৰ ভাৰত অভিযানলৈ অৰিহণা আগবঢ়াব পাৰে”। দেশৰ নাগৰিকে প্ৰদৰ্শন কৰা এই ধৰণৰ ইতিবাচক সঁহাৰিৰ সুবাদতে আজি “২০১৪ চনৰ দশম স্থানৰ পৰা ভাৰতীয় অৰ্থনীতি পঞ্চম স্থানলৈ উন্নীত হৈছে” বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। ইফালে, জীৱনদায়িনী ঔষধৰ উত্পাদনত জড়িত হবলৈ পোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভাৰুচবাসীক অভিনন্দন জনায় কয় যে মহামাৰীয়ে স্পষ্ট ৰূপত ঔষধৰ গুৰুত্ব সোঁৱৰাই দিলে। এই প্ৰসংগত তেওঁ কয়, “ক’ৰোনা বিৰোধী যুদ্ধত দেশক বাৰুকৈয়ে সহযোগিতা আগবঢ়াইছিল গুজৰাটে। দেশৰ ৰপ্টীনীকৃত ঔষধৰ ক্ষেত্ৰত গুজৰাটৰ অৰিহণা হৈছে ২৫শতাংশ”। এটা সময়ত কেতবোৰ দুষ্কৃতিকাৰীৰ দৌৰাত্ম্যই ভাৰোচৰ উন্নয়ণক বাৰুকৈয়ে বাধাগ্ৰস্ত কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনত অহা তেওঁলোকৰ নৰেন্দ্ৰ-ভূপেন্দ্ৰৰ ডাবল-ইঞ্জিন চৰকাৰে এনেবোৰ বাধাৰ মূলোচ্ছেদ কৰিছিল কৰা হৈছিল বুলি উল্লেখ কৰে। প্ৰসংগক্ৰমে তেওঁ আৰ্বান নক্সাল বাহিনীয়ে চৰ্দাৰ সৰোবৰ বান্ধৰ নিৰ্মাণত বাধাৰ সৃষ্টি কৰাৰ কথাও উনুকীয়ায়। ঝাৰখণ্ড, বিহাৰ, ওড়িশা, চত্তিশগড়, মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যত এতিয়াও নক্সাল উগ্ৰপন্থীৰ উপস্থিতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ জনজাতিসকলে নক্সালবাদী চিন্তাধাৰাক ৰাজ্যখনত পোখা মেলিবলৈ নিদিয়াৰ বাবে ভূয়সী প্ৰশংসা কৰে। তেওঁ গুজৰাটৰ উন্নয়ণী যাত্ৰাত ৰাজ্যখনৰ আদিবাসী সম্প্ৰদায়সমূহে অনবদ্য অৰিহণা আগবঢ়াইছে” অনুভৱ দোহাৰে। ভাষণ সামৰিবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে কয় “উন্নয়ণৰ দ্বৈত-মহানগৰ আৰ্হি’ৰ দৃষ্টিভংগীৰে ভাৰুচ আৰু অংকলেশ্বৰৰ বিকাশ সাধন কৰা হৈছে। অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, কেন্দ্ৰীয় মন্ত্ৰী ৰসায়ণ আৰু সাৰ বিভাগৰ মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডবীয়া আৰু সাংসদদ্বয় চি আৰ পাটিল আৰু মনসুখ ৱাসাৱায়ো অংশগ্ৰহণ কৰে।
গুজৰাটৰ ভাৰুচৰ আমোদত ৮০০০ কোটিৰো অধিক টকাৰ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কেইটামান প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে