id
stringlengths
1
5
input
stringlengths
537
2k
target
stringlengths
21
203
url
stringlengths
28
1.53k
101
ডিজিটেল ডেস্কঃ এই বছৰত মৌচুমীৰ প্ৰভাৱ গোটেই দেশতেই যেন দেখা গ'ল।আনহাতে আটাইতকৈ বেছি ইয়াৰ প্ৰকোপ কেৰেলাত পৰিল।কেৰেলাত হোৱা ভূমিস্খলন তথা বানপানীৰ ক্ষতিপূৰণৰ পাছত শুকুৰবাৰে বতৰ বিজ্ঞানীয়ে ১৬ ৰাজ্যত অহা তিনি-চাৰিদিনলৈকে বৰষুণ হোৱাৰ আশংকা আছে বুলি জনায়।বানপীড়িত কেৰেলাবাসীসকলৰ জীৱন নিৰ্বাহ তথা জীয়াই থকাৰ স্থল নাইকিয়া হৈছিল যদিও দেশীয় চৰকাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।বতৰ বিজ্ঞানীৰ মতে উত্তৰাখণ্ড, হাৰিয়ানা, ছণ্ডীগড়, দিল্লী, উত্তৰ প্ৰদেশ, পশ্চিম মধ্য প্ৰদেশ, বিহাৰ, পশ্চিম বেংগল, ছিকিম,অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ৰাজ্যত অধিক মাত্ৰাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি কয়।জানিব পৰা মতে, হিমাচল প্ৰদেশতো বতৰৰ সাৱধানতা জাৰি কৰা হৈছে।প্ৰদেশৰ মণ্ডী নামৰ জিলাত আজি বতৰৰ অনুকুল ঠিক নহয়।লগতে নিকট অঞ্চলৰ স্থানীয় বিদ্যালয় সমূহক বতৰৰ বাবে বন্ধ ঘোষণা কৰে।কেৰেলাত শোকাকুল অৱস্থা।আনফালে দিল্লীৰ এন.চি.আৰ. নামৰ এলেকাত বৰষুণৰ আনন্দ লভিছে দিল্লী বাসীয়ে।শেহতীয়াকৈ ২৬ আগষ্টলৈকে ১৬ খন ৰাজ্যত বৰষুণৰ প্ৰকোপ অধিক হ'ব বুলি বতৰ বিজ্ঞানীয়ে আগতীয়াকৈ সতৰ্ক কৰি দিছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
সমগ্ৰ দেশতেই বছৰজুৰি মৌচুমীৰ প্ৰভাৱঃ বতৰ বিজ্ঞানৰ বিশেষ সতৰ্কতা জাৰি
https://www.newsnextone.com/heavy-rainfall-weather-scientist-special-precaution-promulgated/#comments
102
গোলাঘাট জিলাৰ বিজুলী বনাঞ্চলৰ ভিতৰত উদ্ধাৰ হৈছে এটা হাতীৰ মৃতদেহ ৷ বন্যপ্ৰানী আৰু মানুহৰ সংঘাতৰ শেহতীয়া ঘটনাসমূহৰ লগত এই ঘটনাৰ কিবা মিল থাকিবও পাৰে যদিও সেয়া নিশ্চিত কৰিব পৰা হোৱা নাই।শূৰ বিহীন এই মৃতদেহৰ কাষতে বাঁহৰ এখন চাঙত কেতবোৰ হাতীৰ শুকান মাংসও উদ্ধাৰ হৈছে ৷ কোনো দুস্কৃতিকাৰীয়ে হাতীটো হত্যা কৰি মাংস শুকোৱাবৰ বাবে বাঁহৰ চাংখন ব্যৱহাৰ কৰা বুলি স্থানীয় লোকে সন্দেহ কৰিছে ৷ হত্যাকাৰীয়ে হাতীটো হত্যা কৰি শুৰডাল কাটিবৰ বাবে বিদ্যুত চালিত কৰত ব্যবহাৰ কৰাৰ উপৰিও মাংসও ভক্ষণ কৰা বুলি সন্দেহ কৰিছে স্থানীয় লোকে ৷ ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ লোক গৈ উপস্থিত হৈছে যদিও হত্যা কৰা হাতীটো সম্পৰ্কত বিশেষ তথ্য আগবঢ়াবলৈ তেওঁলোকৰ হাতত কোনো সৱিশেষ নাই।হাতীটো কিছুদিনৰ পূৰ্বেই হত্যা কৰা বুলি নিশ্চিত কৰিছে বন বিভাগৰ লোকে ৷
গোলাঘাট জিলাৰ বিজুলী বনাঞ্চলত হাতীৰ শুৰ বিহীন মৃতদেহ উদ্ধাৰ
https://assam.nenow.in/%e0%a6%97%e0%a7%8b%e0%a6%b2%e0%a6%be%e0%a6%98%e0%a6%be%e0%a6%9f-%e0%a6%9c%e0%a6%bf%e0%a6%b2%e0%a6%be%e0%a7%b0-%e0%a6%ac%e0%a6%bf%e0%a6%9c%e0%a7%81%e0%a6%b2%e0%a7%80/
103
ডিফুঃ যোৱা ৭ দিন ধৰি ডিফু নগৰৰ চাফাই কৰ্মীসকলে ধৰ্মঘট কৰি থকাত জাঁৱৰৰ দ'মত পৰিণত হৈছে ডিফু চহৰত৷ তাৰ পিছতে হাতে হাতে ঝাড়ু লৈ ওলাই আহিল কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱৰ সদস্যসকল৷ সোমবাৰৰ পুৱাৰে পৰা জিলা প্ৰেছ ক্লাৱৰ সভাপতি সম্পাদক কিৰি ৰংহাঙ আৰু ডেনিয়েলচন বে'ৰ নেতৃত্বত চাফাই অভিযানত নামিল কেএছৱাইচি, কেএছৱাইএ, কেৱাইঅ', ইউএলডিচি, এলৱাইডিচি, কেএডব্লিউজেএফ, কেএছএ (ইংলংফ'), গ্ৰেটাৰ ডিফু বজাৰ সমিতি আৰু চেম্বাৰ অফ কমাৰ্চে৷ সোমবাৰে পুৱা ৬ বজাৰ পৰা জিলা প্ৰেছ ক্লাৱৰ সদস্যৰ লগতে সংগঠন, স্বেচ্ছাসেৱী সদস্যসকলে হাতে হাতে ঝাড়ু, টুকুৰী, বেলচা আদি লৈ চহৰ খনৰ পদ পথৰ দুয়োকাষ পৰিস্কাৰ জাঁৱৰৰ দ'ম পৰিষ্কাৰ কৰি চহৰবাসীক সকাহ দিয়ে৷ জাঁৱৰৰ দম চহৰখনত এক সমস্যাৰ সৃষ্টি কৰে৷ আনহাতে চেম্বাৰ অফ কমাৰ্চেও চাফাই অভিযানত জেচিবি আদিৰে সহায় কৰে৷ জিলা প্ৰেছ ক্লাবে এক অস্বাস্থ্যকৰ পৰিৱেশত চহৰবাসীয়ে সমস্যাত পৰাৰ সময়তে কেএছৱাইচি, কেএছৱাইএ, কেৱাইঅ', ইউএলডিচি, এলৱাইডিচি, কেএডব্লিউজেএফ, কেএছএ গ্ৰহণ কৰা পদক্ষেপক সকলোৱে শলাগ লয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ডিফু চহৰত ঝাড়ু মাৰিলে সাংবাদিকে
https://www.newsnextone.com/journalists-swach-bharat-diphu/#comments
104
তেজপুৰঃ আজি শোনিতপুৰ জিলাৰ বালিপাৰাৰ লখৰাত অাবকাৰী বিভাগে অতৰ্কিতে এক অভিযান চলায়৷ আবকাৰী বিভাগৰ অভিযানকাৰী দলটোৱে অভিযান চলাই বালিপৰাৰ লখৰাৰ এখন ঘৰৰ ভিতৰত গাত খান্দি লুকাই থোৱা অবস্থাত এশ কাৰ্টুনতকৈও অধিক অৰুণাচলী অবৈধ সুৰা জব্দ কৰে।লগতে আবকাৰী বিভাগে ৰাকেশ মুখীয়া নামৰ এজন অবৈধ সুৰা ব্যবসায়ীকো অাটক কৰে।সুৰাখিনিৰ মুল্য দুইলাখটকাৰো অধিক হ'ব বুলি অাবকাৰী বিভাগে জানিবলৈ দিয়ে।উল্লেখ্য যে, শোনিতপুৰৰ বালিপৰা, চাৰিদুৱাৰ, লখৰা, ৰঙাপৰাৰ বিভিন্ন অঞ্চলত এচাম অসাধু ব্যৱসায়ীয়ে অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় কৰি অাহিছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
শোনিতপুৰত জব্দ অবৈধ সুৰা
https://www.newsnextone.com/illegal-wine-in-sonitpur
105
জ এ.এছ.এন. প্ৰতিনিধি / 2019 নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্ৰতিবেদন ভূটানৰ পৰা নামি অহা সংহাৰী বানে আতংকিত কৰি তুলিছে নলবাৰী জিলাৰ ধমধমা অঞ্চলৰ পোন্ধৰখন গাঁৱৰ ৰাইজক।শুকুৰবাৰে বিয়লিৰ ভাগত পাগলাদিয়া নৈৰ বাঢ়নী পানী গড়ভিতৰ অঞ্চলেৰে সোমাই তাণ্ডবলীলা চলাইছে বৃহত্তৰ ধমধমা অঞ্চলত।অঞ্চলটোৰ চতেমাৰী,ভেলামাৰী, গড়ভিতৰ,ধমধমা,উজীৰখাট,মাজুশিৰাল,উত্তৰ বৰশিৰাল,জাৰতালুক,সুন্দৰপুৰ,গলবিল,ভেৰভেৰী, পোতাৰপাৰ আদি গাওঁসমূহৰ প্ৰায়সংখ্যক পৰিয়ালৰ গৃহতে পানী সোমাই আতংকময় পৰিৱেশৰ সৃষ্টি হয় যদিও প্ৰশাসনৰ তৰফৰ পৰাএই মুহূৰ্তলৈ কোনো যাবতীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।অঞ্চলটোৰ বিভিন্ন পথ পানীৰ তলত সোমাই পৰাত যাতায়ত বিঘ্নিত হৈ পৰিছে।খোৱাপানী,পশুধনৰ খাদ্যৰ লগতে মানুহৰ খাদ্য সামগ্ৰীৰ অভাৱ ঘটিছে গাওঁসমূহত।বাক্সা জিলা আৰু নলবাৰীৰ সীমান্তৱৰ্তী ঠাইখিনিত এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে।চৰকাৰ অথবা প্ৰশাসনে তাৎক্ষণিকভাৱে যাবতীয় ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিয়ালসমূহৰ অৱস্থা শোচনীয় হৈ পৰাটো নিশ্চিত
নলবাৰীৰ ধমধমাত পাগলাদিয়াৰ সংহাৰী ৰূপ:উন্মুক্ত মথাউৰিৰ বাবে পানীত ডুবিল ১৫ খনৰো অধিক গাঁও
https://www.newsasn.com/node/7812
106
নগাঁওঃ সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো চলিছে পবিত্ৰ ঈদৰ ব্যপক প্ৰস্তুতি৷ ত্যাগ আৰু ঐক্য-সংহতিৰ চানেকী বহন কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উজ-জোহা বা বকৰী ঈদ শনিবাৰে নগাঁও জিলাতো পালন কৰা হ'ব৷ বৰ্তমান অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধিয়ে ঈদৰ আনন্দ-উৎসাহ ভালেখিনি ম্লান পেলাইছে যদিও ঈদ-উজ-জোহাৰ প্ৰাকক্ষণত ঈদগাহ পৰিচালনা সমিতিবোৰে মছজিদ আৰু ঈদগাহসমূহ আটকধুনীয়াকৈ সু-সজ্জিত কৰি তোলাৰ উপৰি ঠায়ে ঠায়ে জাক-জমককৈ তোৰণ আদি স্থাপনেৰে ঈদ-উজ-জোহাৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷ নগাঁও চহৰৰ লগতে বিভিন্ন অঞ্চলৰ ইছলাম বসতিপূৰ্ণ ঈদগাহ ময়দানবোৰত ঈদৰ দিনা পুৱাৰ ভাগত নামাজ আদায় কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে পৰিচালনা সমিতিবোৰে৷ তদুপৰি বকৰী ঈদৰ পৰম্পৰা অনুসৰি বিত্তৱান সকলে যিয়ে যেনেকৈ পাৰে সাধ্যানুসাৰে কোৰবানী দিয়াৰ ব্যৱস্থা কৰিছে৷ অৱশ্যে, ঈদ-উজ-জোহাৰ পবিত্ৰ দিনটোক আনন্দ-উৎসাহৰ দিন বুলি মুছলমান সমাজত অতীজৰে পৰা গণ্য কৰি অহা হৈছে যদিও বহু দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ মাজত ঈদৰ ৰং-তামাচা তথা স্ফূৰ্তি বহুখিনি হ্ৰাস পাইছে সম্প্ৰতি অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ হেতু৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
নগাঁৱত ঈদ-উজ-জোহাৰ ব্যাপক প্ৰস্তুতি
https://www.newsnextone.com/prepare-for-idd
107
লংকাঃ পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ সন্ত্ৰাসে এতিয়া অসম চুইছে৷ কিছুদিন পূৰ্বে অসমৰ যমুনামুখৰ কামৰুজ জামান নামৰ এজন যুৱক হিজবুল মুজাহিদীনত যোগদান কৰাৰ বাতৰি ছ'চিয়েল মিডিয়াযোগে ভাইৰেল হৈ পৰাৰ পিছতে নগাওঁ হোজাইৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহত আৰক্ষীয়ে তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে৷ সন্ত্ৰাসবাদী সংগঠনটোত অসমৰ আন আন যুৱক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি ইতিমধ্যে আৰক্ষীয়ে কেইবাজনো সন্দেহজনক যুৱকক আটক কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে, হিজবুল মুজাহিদীনৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ সন্দেহত হোজাই জিলাৰ উপ-আৰক্ষী অধীক্ষক জোতিৰঞ্জন নাথে শনিবাৰে নিশা ওমৰ ফাৰুকৰ লগতে স্বেহনেৱাজ আলম, ছহিদুল আলম আৰু ছাইফুল ইছলাম নামৰ ৪ জন যুৱকক আটক কৰি ডবকা আৰক্ষী থানাত তীব্ৰ জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে, ছাইফুল ইছলাম কামৰুজ জামানৰ ভাতৃ৷ জিলাখনত হিজবুল মুজাহিদীনৰ কাণ্ডৰ অনুসন্ধান চলাই থকা তদন্তকাৰী বিষয়া হোজাই জিলাৰ উপ-আৰক্ষী অধীক্ষক জোতিৰঞ্জন নাথে সমগ্ৰ ঘটনা তদন্ত কৰি থকা বুলি জানিব দি কামৰুজ জামানে হিজবুল মুজাহিদীন যোগদান কৰি ছ'চিয়েল মিডিয়াত ফটো ভাইৰেল কৰাৰ পিছতো বিশেষ তৎপৰতা পৰিদৰ্শন কৰিব নোৱাৰা ক্ষেত্ৰত ব্যৰ্থতা স্বীকাৰ কৰে৷ আনহাতে, কমৰুজ জামানে আগষ্ট মাহত ভ্ৰমণ কৰা কালত যমুনামুখ আৰক্ষী থানাৰ কাষতে মছজিদত নামাজ পঢ়ি যোৱাৰ তথ্যই অসম আৰক্ষীৰ ফোপলা স্বৰূপ উন্মোচিত কৰিছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
হোজাই হৈ পৰিছে হিজবুল মুজাহিদীনৰ ঘাটি, গ্ৰেপ্তাৰ ওমৰ ফাৰুক সহ ৪ সদস্য
https://www.newsnextone.com/hizbul-mujahidin-at-hojai-4-arrested/#comments
108
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত পুনৰ ৰেল দুৰ্ঘটনা৷ লোহাৰ লাইন সংকুচিত হোৱাত লাইনৰ পৰা বাগৰি পৰে ভাস্কো দা গামা-পাটনা এক্সপ্রেচ ৰেল গাড়ী খন৷ শুকুৰবাৰে পূৱা ৪.১৮ বজাত মানিকপুৰৰ ওচৰত পাটনা এক্সপ্রেচ খনৰ তেৰটা দবা লাইনচ্যুত হয়৷ এই দুৰ্ঘটনাটোত ৩ জন লোকৰ মৃত্যু হয় আৰু ৭ জন লোক বোয়াকৈ আগাটপ্ৰাপ্ত হয়৷ মৃত তিনিজনৰ ভিতৰত বৰ্তমানলৈ দুজনৰহে চিনাক্ত কৰিব পৰা গৈছে৷ তাৰে এজন বেতিয়াৰ বাসিন্দা ৰাম স্বৰূপ আৰু আনজন দীপক পাটেল৷ উল্লেখ্য যে, সঘনাই উত্তৰ প্ৰদেশত হৈ থকা ৰেল দুৰ্ঘটনা সমুহৰ প্ৰধান কাৰণ ৰেলৰ লাইনৰ সংকুচন আৰু প্ৰসাৰণ৷ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ উত্তৰ প্ৰদেশ চৰকাৰে এক বৈজ্ঞানীক অভিনৱ পদ্ধতিও গ্ৰহন কৰিছে ইতিমধ্যে৷ কিন্তু কাৰ্যকৰী হৈ উঠা নাই এতিয়াও৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
লাইনচ্যুত হৈ বাগৰিল ভাস্কো দা গামা-পাটনা এক্সপ্রেচ
https://www.newsnextone.com/rail-accident-at-uttar-pradesh/#comments
109
অসমৰ বাহিৰে দেশৰ সকলো ৰাজ্যই চুবুৰীয়া ৰাষ্ট্রৰ পৰা অহা হিন্দুসকলক নাগৰিকত্ব দিয়াৰ কথাটো মানি লৈছে৷ এই ক্ষেত্রত একমাত্র অসমহে ব্যতিক্রম৷ অসমতহে ইয়াৰ বিৰুদ্ধে প্রতিবাদ হৈছে৷ সমগ্র দেশেই যেতিয়া চুবুৰীয়া ৰাষ্ট্রৰ পৰা হিন্দুসকলক নাগৰিকত্ব দিয়াৰ প্রস্তাৱটো মানি লৈছে তেনেহ'লে অসমেও এই প্রস্তাৱ মানি লোৱা উচিত৷ কিয়নো ইয়াৰ পৰা অসমৰ কোনো লোকচান নহয়, বৰঞ্চ লাভহে হ'ব৷ আজি নতুন দিল্লীত সাংবাদিকৰ আগত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ সম্পর্কত এই অভিমত ব্যক্ত কৰিছে ৰাজ্যৰ শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্রী হিমন্ত বিশ্ব শর্মাই৷ মন্ত্রী শর্মাই কয় যে অসমত হিন্দুৰ সংখ্যা দিনক দিনে হ্রাস পাইছে৷ ইয়াৰ বিপৰীতে মুছলিম লোকৰ জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাইছে৷ অসমৰ বহুতো লোকে ভাবিছে যে অসমখন হিন্দু বাংলাদেশীৰে ভৰি আছে৷ যদিহে ইমানেই হিন্দু বাংলাদেশী আছে তেনেহ'লে অসমত হিন্দু লোকৰ সংখ্যা কিদৰে হ্রাস পাইছে বুলিও প্রশ্ন উত্থাপন কৰে শর্মাই৷ তেওঁ কয় যে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বিৰোধিতা কৰা সংগঠন ছাত্র সন্থাকে ধৰি আন আন সংগঠনসমূহে এই কথাত গুৰুত্ব দিয়া উচিত৷ নহ'লে অসমত হিন্দু লোকৰ জনসংখ্যা হ্রাস পাই এদিন হিন্দুসকল সংখ্যালঘুত পৰিণত হ'বগৈ৷ যোৱা দহ বছৰত অসমত হিন্দু লোকৰ সংখ্যা যে হ্রাস পাইছে এই হিন্দুসকল ক'লৈ গ'ল সেই কথা প্রতিবাদকাৰী সংগঠনসমূহক ভাবি চাবলৈকো কয় শর্মাই৷ মন্ত্রীজনৰ স্পষ্ট মত- হিন্দুসকলক নাগৰিকত্ব প্রদানৰ বাবে কেন্দ্রই আনিব খোজা এই বিধেয়কখনে অসমৰ কোনো ক্ষতি নকৰে৷ এই বিধেয়কখন যিহেতু সমগ্র দেশতে প্রযোজ্য হ'ব৷ গতিকে ইয়াৰ ফলত অসমৰ ক্ষতি হ'ব বুলি ভবাৰ কোনো যুক্তি নাই৷ আনহাতে, জি এছ টি বিলৰ সম্পর্কত নতুন দিল্লীত আয়োজিত এখন বৈঠকত আজি অংশগ্রহণ কৰে মন্ত্রী শর্মাই৷ এই বৈঠকৰ সম্পর্কত তেওঁ কয় যে জি এছ টি বলৱৎ হ'লে আমি উপকৃত হ'ম৷ কেন্দ্রীয় চৰকাৰে আমাক বহু ক্ষেত্রত সহায় কৰাৰ আশ্বাস দিছে৷ এতিয়া অসমৰ বিকাশৰ হাৰ 8 শতাংশ যদিও জি এছ টি বলৱৎ হোৱাৰ পাছত এই হাৰ 14 শতাংশ হোৱাৰ লক্ষ্য ধার্য কৰা হৈছে৷ যদিহে ৰাজ্যসমূহৰ উক্ত হাৰৰ বিকাশ সাধন নহয় তেনেহ'লে কেন্দ্রীয় চৰকাৰে এই ক্ষেত্রত সহায় কৰিব৷ কেন্দ্রীয় চৰকাৰে জি এছ টি বলৱৎ হোৱাৰ পাছত পাঁচ বছৰৰ বাবে ক্ষতিগ্রস্ত ৰাজ্যসমূহক ক্ষতিপূৰণ দিব বুলিও কয়৷
জি এছ টি বৃদ্ধি কৰিব বিকাশৰ হাৰ
https://janambhumi.in/VFdwbk5VMTNQVDA9/%E0%A6%9C%E0%A6%BF-%E0%A6%8F%E0%A6%9B-%E0%A6%9F%E0%A6%BF-%E0%A6%AC%E0%A7%83%E0%A6%A6%E0%A7%8D%E0%A6%A7%E0%A6%BF-%E0%A6%95%E0%A7%B0%E0%A6%BF%E0%A6%AC-%E0%A6%AC%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A6%B6%E0%A7%B0-%E0%A6%B9%E0%A6%BE%E0%A7%B0.html
110
ৰঙিয়াঃ বিদেশৰ মাটিত অসম সন্তানৰ সাফল্য।অসম সন্তান মোজাহাৰুল ইছলামে ভাৰতীয় কাৰাটে দলৰ প্ৰশিক্ষক নিযুক্তি লাভ কৰিয়েই দেশলৈ কঢ়িয়াই আনিলে ৬ টাকৈ পদক।থাইলেণ্ডৰ নেশ্যনেল ষ্টেডিয়ামত চলি থকা থাইলেণ্ড অ'পেন কাৰাটে চেম্পিয়নশ্বিপত মোজাহাৰুলৰ তত্বাৱধানতে ভাৰতীয় দলটোৱে বৰ্তমানলৈ ৬ টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে।ইয়াৰে ৫ টা ব্ৰঞ্জৰ আৰু এটা ৰূপৰ পদক।আজি ভাৰতীয় কাৰাটে দলৰ প্ৰশিক্ষক তথা অসম সন্তান মোজাহাৰুল ইছলামে পদক লাভ কৰাৰ কথা জানিবলৈ দিয়ে।উল্লেখ্য যে, কেইদিনমান পূৰ্বে ভাৰতীয় কাৰাটে সন্থাই অসম সন্তান তথা ৰঙিয়াৰ যুৱক ৰাষ্ট্ৰীয় খেলুৱৈ মোজাহাৰুল ইছলামক ভাৰতীয় কাৰাটে দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিছিল।নিযুক্তি লাভ কৰাৰ পিছতে কাৰাটেৰ ভাৰতীয় দলটোক লৈ থাইলেণ্ডলৈ যাত্ৰা কৰিছিল মোজাহাৰুলে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
থাইলেণ্ডত ভাৰতৰ সাফল্য, নেতৃত্বত অসমৰ মোজাহাৰুল
https://www.newsnextone.com/thailand-open-karate-do-championship-success
111
কোকৰাঝাৰঃ এনআৰচিৰ খচৰা তালিকা প্ৰকাশ পোৱাৰ পিছত কোকৰাঝাৰৰ একাংশ জনতাই নিজৰ লগতে পৰিয়াল-আত্মীয় কুটুম্বৰ নাম খচৰা তালিকাত প্ৰকাশ নোপোৱাত হতাশ হোৱাত বৃহস্পতিবাৰে জিলা উপায়ুক্ত নিৰঞ্জন বৰুৱাই এক সংবাদমেলৰ আয়োজন কৰি এই ক্ষেত্ৰত ৰাইজক চিন্তা নকৰিবলৈ আহ্বান জনায়৷ এনআৰচিৰ খচৰা তালিকাত বহু সংখ্যক লোকৰ ঠিকনা সলনি হোৱা, বহু সংখ্যকৰ নাম ভুলকৈ প্ৰকাশ হোৱাৰ উপৰিও বহু লোকৰ নাম প্ৰকাশ নোপোৱাত অসন্তুষ্টিয়ে বিৰাজ কৰাৰ পিছত জিলা উপায়ুক্তৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি উপায়ুক্ত নিৰঞ্জন বৰুৱাই একাংশ নথি পত্ৰ পুনৰীক্ষণ কৰি থকা বাবেই কিছু সংখ্যকৰ নাম প্ৰকাশ নোপোৱা বুলি মত প্ৰকাশেৰে প্ৰকৃত ভাৰতীয় কাহানিও বাদ নপৰে বুলি মন্তব্য প্ৰকাশ কৰে।খচৰা তালিকাত কোনোবা পৰিয়ালৰ পিতৃ-মাতৃৰ সলনি সন্তানৰ নাম অন্তৰ্ভূক্তিকৰণ বিপৰীতে কোনোবা পৰিয়ালৰ আকৌ ভাতৃ-ভগ্নীৰ নামহে অন্তৰ্ভূক্তি হোৱাত চিন্তাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰে উপায়ুক্তই কোকৰাঝাৰ জিলাৰ ৯৭টা এনআৰচিৰ সেৱা কেন্দ্ৰত সৰ্বমুঠ ২০৩৯০৬ খন প্ৰ-পত্ৰ পুৰণৰ যোগেদি ৯২০০০০ জন ব্যাক্তিয়ে আৱেদন কৰিছিল বুলি কয়।প্ৰথম খচৰা তালিকাত ইয়াৰে ৫৮৮১০৬ জনৰ নাম প্ৰকাশ হৈছে বুলি উল্লেখ কৰি কোকৰাঝাৰ ৰাজহ চক্ৰৰ পৰা ১৮০৭৩০জন, দোতমাৰ পৰা ৯৭৪৪২জন, গোসাইগাঁৱৰ ১৬৫৮৫০ জন, বগৰীবাৰীৰ ৭৩৫৭৭জন আৰু ভাওৰাগুৰীৰ পৰা ৭০৫০৭ গৰাকীৰ নাম প্ৰথম খচৰা তালিকাত নাম সনিবিষ্ট হৈছে আৰু পৰবৰ্তী পৰ্যায়ত আন প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ নামো প্ৰকাশিত হ'ব বুলি মত প্ৰকাশ কৰে উপায়ুক্তই।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
কোকৰাঝাৰৰ DCৰ সংবাদ মেল, প্ৰকৃত ভাৰতীয়ৰ নাম প্ৰকাশ হ'বই চিন্তা নকৰিব
https://www.newsnextone.com/press-meet-kokrajhar-dc
112
অহা ১৫ ডিচেম্বৰৰ দিনা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আপত্তি দৰ্শোৱাৰ শেষ সময়সীমা।সেই সময়সীমা তিনিমাহলৈ বৃদ্ধিৰ দাবীৰে উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনাব অসম জাতীয় উন্নয়ন পৰিষদে।অসম জাতীয় উন্নয়ন পৰিষদে শনিবাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু সাম্প্ৰতিক সময়ত অসমৰ পৰিস্থিতি সম্পৰ্কে আয়োজন কৰা এক নাগৰিক সভাত মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই সময়সীমা বৃদ্ধিৰ বাবে ভাষণ প্ৰসংগত পৰামৰ্শ আগবঢ়ায়।উক্ত পৰামৰ্শৰ প্ৰতি সমৰ্থন জনাই অহা সোমবাৰ অৰ্থাৎ ১০ ডিচেম্বৰৰ দিনা উচ্চতম ন্যায়ালয়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আপত্তি-অভিযোগ দাখিল কৰাৰ সময়সীমা তিনিমাহলৈ বৃদ্ধি কৰিবৰ বাবে আবেদন জনাব।উক্ত অনুষ্ঠানতে ভাষণ প্ৰদান কৰি শইকীয়াই লগতে জাতীয় দল সংগঠনসমূহক আহ্বান জনায় কয়, "তেওঁলোকে কেৱল ৰাজপথত আন্দোলন কৰিলেই নহয়।সংগঠনসমূহৰ আঞ্চলিক কমিটিসমূহৰ সদস্যসকলে নাম বাদ পৰা খিলঞ্জীয়া লোকসকলে কিদৰে আপত্তি দৰ্শাব পাৰে ইয়াৰ বাবে সজাগতা বৃদ্ধি কৰা উচিত।আনহাতে, মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে উক্ত নাগৰিক সভাত জানিবলৈ দিয়া মতে "এনআৰচিৰ পৰা ৪০ লাখ লোকৰ নাম বাদ পৰিছে আৰু পৰৱৰ্তী পৰ্য্যায়ত ৫,১১,২৫৪ জন লোকে পুনৰ আবেদন কৰিছে।লগতে বৰ্তমানলৈকে ২০০ জন ব্যক্তিৰ বিৰুদ্ধেহে আপত্তি দৰ্শোৱা হৈছে।" সেয়েহে জাতীয় দল-সংগঠনসমূহক নিজৰ নিজৰ অঞ্চলৰ সন্দেহজনক ব্যক্তিৰ বিৰুদ্ধে আপত্তি দৰ্শোৱাৰ বাবে ভাষণ প্ৰসংগত শইকীয়াই আহ্বান জনায়।বিশিষ্ট শিক্ষাবিদ, সাংবাদিক ড০ ভবেশ দাসে সভাপতিত্ব কৰা উক্ত নাগৰিক সভাতে ভাষণ প্ৰদান কৰি প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ড০ ৰোহিনী কুমাৰ বৰুৱাই কয় যে নাগৰিক পঞ্জীৰ চুড়ান্ত খচৰা প্ৰকাশৰ পাছত ওজৰ আপত্তিৰ সন্দৰ্ভত চৰকাৰ তথা নাগৰিকপঞ্জী কৰ্তৃপক্ষই উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল।কাৰণ কোনো বিদেশীৰ নাম যদি খচৰাত সোমাইছে, তেন্তে সেই কথা সংশ্লিষ্ট কৰ্তৃপক্ষইহে জানিব।তদুপৰি তেওঁ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ দায়িত্বত থকা কৰ্তৃপক্ষক বিষয়টোৰ ইতিবাচক সমাধান কৰাৰ বাবে আহ্বান জনায়।উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ গৃহ বিভাগেও দাবী-আপত্তি দাখিলৰ বাবে অতিৰিক্ত সময় বিচাৰি উচ্চতম ন্যায়ালয়ত আৱেদন জনোৱাৰ কথা চিন্তা কৰিছে
এন আৰ চি : সময় বৃদ্ধিৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব অসম জাতীয় উন্নয়ন পৰিষদ
https://assam.nenow.in/asom-jatiya-unnayan-parishad-ready-to-appeal-at-supreme-court-to-extended-time-for-nrc/
113
ডিজিটেল ডেস্কঃ জনতাৰ চৰকাৰ মোডী চৰকাৰ৷ এই শ্ল'গান এতিয়া অসাৰ৷ জনতাৰ হকে কাম কৰিব বুলি মোডীয়ে শাসনাধিষ্ঠিত হোৱাৰ সময়ত দিয়া প্ৰতিশ্ৰুতি বৰ্তমান কেৱল নামত হে ৰৈ গৈছে বুলি দেশবাসীয়েই ক'ব বিচাৰে৷ পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিয়ে চৰম সীমা অতিক্ৰম পোৱাৰ পিছত ভাৰতীয় তৈল নিগম লিমিটেডে ঘোষণা কৰিছিল যে বুধবাৰে পেট্ৰলত ৬৩ পইচা আৰু ডিজেলত ৫৯ পইচা হ্ৰাস কৰা হৈছে৷ খবৰটো শুনি মূল্যবৃদ্ধিয়ে হাৰাশাস্তি কৰা সাধৰণ জনতাই এবাৰ অলপ হ'লেও স্বস্তিৰ নিশ্বাস এৰিছিল৷ 60 & 59 1 1 56 & 59 - 30, 2018 কিন্তু কাৰ্যতঃ সেয়া নহ'ল৷ ভাৰতীয় তৈল নিগমে শেহতীয়াকৈ ঘোষণা কৰিলে যে ১পইচাকৈহে হ্ৰাস পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য৷ তৈল নিগমৰ ৱেবচাইটত পূৰ্বে ৬৩ আৰু ৫৯ পইচা হ্ৰাস পোৱা বুলি ভুলতে প্ৰকাশ হৈছিল বুলি মন্তব্য কৰে ভাৰতীয় তৈল নিগম লিমিটেডে৷ আনহাতে বিগত ১৬ দিনত তৈল সংস্থাই বৃদ্ধি কৰিছে অতি কমেও ১০ টকা৷ কিন্তু হ্ৰাসৰ সময়ত মাত্ৰ ১ পইচা হ্ৰাস কৰি কি নীতি অৱলম্বন কৰিব বিচাৰিছে সেয়া লৈ উদ্বিগ্ন হৈ পৰিছে জনতা৷ ইফালে বুধবাৰে ১ পইচা হ্ৰাস কৰাৰ পিছত পুনৰ পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
মাধমাৰ! ৬৩ পইচা নহয়, ১ পইচাহে হ্ৰাস পাইছে পেট্ৰল-ডিজেলৰ মূল্য
https://www.newsnextone.com/price-reduce-only-one-paisa-in-petrol-deisel/#comments
114
খেৰণিঃ এফালে অসমৰ ৪২ টাকৈ জাতীয় সংগঠনৰ নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ ৰ বাতিল কৰাৰ দাবীত ২৩ অক্টোবৰৰ দিনটোত ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান আনফালে আকৌ চৰকাৰী পক্ষ আৰু প্ৰশাসনে এই বন্ধ প্ৰত্যাহাৰ কৰাৰ বাবে চৰকাৰী নিৰ্দেশ দিছে কাৰ্যালয়ে কাৰ্যালয়ে।যাৰ পৰিপ্ৰেক্ষিতত এনে অৰিয়া অৰি কাৰ্যই আজি পুৱাৰ ভাগলৈকে বিপাঙত পেলাইছিল সৰ্বসাধাৰণক ৰাইজক।অৱশ্যে শেহতীয়াকৈ সমগ্র ৰাজ্যতে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ৰ বাতিলৰ দাবীত ৪২ টাকৈ সংগঠনে জনোৱা বন্ধৰ প্রতি পূৰ্ণ সহাৰি জনায় অসমৰ জনতাই।উল্লেখযোগ্য যে আগন্তুক ১৭ নৱেম্বৰত গুৱাহাটীত ৰাজ্যৰ বঙালী সংগঠনসমূহ একত্রিত হৈ সমাৱেশ আয়োজন কৰাৰ প্রতিবাদত অসমৰ ৪২ টা জাতীয় সংগঠনে আজি আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ যি কাৰ্যসূচী সেয়া সফল কৰি তোলাৰ উদ্দেশ্যেৰে পূৱাৰেপৰা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি, মাইলু, জেংখা, জেৰিকীন্দেঙ, ডংকামোকাম আদি গুৰুত্বপূৰ্ণ আৰু ব্যস্ততাপূৰ্ণ অঞ্চলসমূহতো অৱস্থিত হৈ থকা সকলো দোকান-পোহাৰ, যান বাহনৰ চলাচল, চৰকাৰী কাৰ্যালয়, বিদ্যালয়, মহাবিদ্যালয়, বেংক, ব্যক্তিগত প্ৰতিষ্ঠান আদি বন্ধ হৈ থকাৰ দৃশ্য পৰিলক্ষিত হয়।অৱশ্যে বাতৰি যুগুত কৰা সময়লৈকে কোনো অপ্রীতিকৰ ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা হোৱা নাই৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
কাৰ্বি পাহাৰতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক
https://www.newsnextone.com/kheroni/#comments
115
পাঠশালাঃ অসমৰ সাৰ্বভৌমত্বৰ দাবীত সশস্ত্ৰ সংগ্ৰামৰত নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী (স্বাধীন) অসমৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস।ঐক্যবদ্ধ জাতীয় মুক্তি সংগ্ৰামৰ দৃষ্টিভংগীৰে বিগত কেইবাটাও দশকজুৰি ভাৰত ৰাষ্ট্ৰৰ বিৰূদ্ধে এক চৰম বিৰোধী শক্তি হিচাপে সমগ্ৰ দক্ষিণ-পূব এচিয়াতে পৰিচিত সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস ইষ্টাৰ্ণ নাগালেণ্ডৰ কেন্দ্ৰীয় কাৰ্যালয়ত পালন কৰা হ'ব।এই অনুষ্ঠানত উপস্থিত থাকিব আলফা (স্বাঃ)ৰ সভাপতি ডা: অভিজিত্ অসমৰ লগতে সেনাপ্ৰধান পৰেশ অসমো।লগতে অংশ ল'ব অসমৰ কেইবাটাও বিদ্ৰোহী সংগঠনে।কাকপথাৰৰ ডেজিগনেটেড কেম্পত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰিব সভাপতি অৰবিন্দ ৰাজখোৱাই।ইফালে বঙাইগাঁৱৰ কেম্পৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিব সাধাৰণ সম্পাদক অনুপ চেতিয়াই।উল্লেখযোগ্য যে ১৯৭৯ৰ আজিৰ দিনটোত শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত জন্ম লাভ কৰা আলফাই বৰ্তমানো স্বাধীন অসমৰ দাবীত ভাৰত চৰকাৰৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
আলফাৰ প্ৰতিষ্ঠা দিৱস উদযাপন
https://www.newsnextone.com/ulfa-celebrates-foundation-day-different-places-assam
116
বিজেপি নেতৃত্বাধীন চৰকাৰৰ মন্ত্রী-বিধায়কৰ টুলুঙা আৰু উপলুঙাসূচক মন্তব্যৰ বাবেই ৰাজ্যৰ পৰিস্থিতি ক্রমাৎ অশান্ত হৈ পৰিছে৷ হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানক সমর্থন জনাই অসমীয়া লোকক তুচছ-তাচিছল্য কৰি বিজেপি বিধায়ক শিলাদিত্য দেবে ৰাজহুৱাভাৱে কৰা মন্তব্যৰ পাছত ধলা-কাণ্ড সংঘটিত হোৱাৰ দৰে৷ আলফাৰ (স্বাধীন) সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু নতুনকৈ আলফাত (স্বাঃ) যোগ দিয়াসকলক উদ্দেশ্যি উপলুঙাসূচক মন্তব্য মন্ত্রী হিমন্ত বিশ্ব শর্মাই কৰাৰ ফলত ডিমৌত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে বুলি মন্তব্য কৰিছে কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা অখিল গগৈয়ে৷ কৃষক নেতাজনে সংবাদ মাধ্যমৰ আগত আজি কয় যে চৰকাৰৰ দায়িত্বশীল লোকসকলে উচটনিমূলক মন্তব্য কৰাৰ ফলতে ৰাজ্যত অপ্রীতিকৰ ঘটনা সংঘটিত হৈছে৷ এই অপ্রীতিকৰ ঘটনাৰ ফল ডিমৌৰ বিস্ফোৰণ৷ কৃষক নেতাজনে কয় যে ৰাজ্যৰ আইন-শৃংখলাজনিত পৰিস্থিতি ভয়ানকভাৱে অৱনমিত হৈছে৷পৰিস্থিতি অৱনতি হোৱাৰ মূল কাৰণ বিজেপি৷ বিজেপিৰ জনগণ বিৰোধী নীতিৰ বাবে অসমৰ পৰিস্থিতি ভয়াৱহ হৈছে৷ ৰাইজক উত্তেজিত কৰাৰ নীতি গ্রহণ কৰিছে বিজেপিয়ে৷ বিদেশী অনাৰ কথা যেতিয়া দল আৰু চৰকাৰে কয়, তেতিয়া কোন দেশপ্রেমিক স্থিৰ হৈ থাকিব বুলিও প্রশ্ন কৰে কৃষক নেতাজনে৷ ৰাজ্যখন অস্থিৰ হৈ পৰাৰ মূলতে জগৰীয়া চৰকাৰ বুলি উল্লেখ কৰি কৃষক নেতা অখিল গগৈয়ে কয় যে জাতিক ধবংস কৰিবলৈ বিদেশী অনাৰ বাবে চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ বাবে আলফাৰ দৰে শক্তি পুনৰ গা কৰি উঠিছে৷ গণতান্ত্রিক আন্দোলনক চৰকাৰে গুৰুত্ব নিদিয়াত সশস্ত্র পন্থাৰ প্রতি যুৱক-যুৱতীসকল আকর্ষিত হৈছে৷ কৃষক নেতাজনে কয় যে শিলাদিত্যৰ উচটনিমূলক বক্তব্যৰ বাবে ধলা-কাণ্ড সংঘটিত হ'ল আৰু মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ উচটনিমূলক বক্তব্যৰ বাবে ডিমৌত বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হৈছে৷ আইন- শৃংখলা ৰক্ষাত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল ব্যর্থ হৈছে৷ মুখ্যমন্ত্রী সোণোৱালে গৃহ বিভাগ এৰক অন্যথা ৰাইজৰ ওচৰত ক্ষমা খোজক বুলি মন্তব্য কৰে অখিল গগৈয়ে৷
হিমন্ত বিশ্বৰ আলফা সম্পর্কীয় মন্তব্যৰ বাবেই ডিমৌৰ বিস্ফোৰণ : অখিল গগৈ
https://janambhumi.in/VFdwWk5FMTZhejA9/en/VFdwWk5FMTZhejA9/%E0%A6%B9%E0%A6%BF%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A7%B0-%E0%A6%86%E0%A6%B2%E0%A6%AB%E0%A6%BE-%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%B0%E0%A7%8D%E0%A6%95%E0%A7%80%E0%A7%9F-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%87%E0%A6%87-%E0%A6%A1%E0%A6%BF%E0%A6%AE%E0%A7%8C%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%AB%E0%A7%8B%E0%A7%B0%E0%A6%A3-:-%E0%A6%85%E0%A6%96%E0%A6%BF%E0%A6%B2-%E0%A6%97%E0%A6%97%E0%A7%88.html.html
117
জিয়াউল আলী, লখিমপুৰঃ সেউজী ধৰা বিনন্দীয়া, সুন্দৰ স্বাস্থ্য যুগমীয়া এই ধাৰাৰে নিৰ্মীয়মান লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত ১১০০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বৃক্ষ ৰোপণ কাৰ্যসূচী আজি পালন কৰা হয়।এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী নৱ কুমাৰ দলে, পীযুষ হাজৰিকা আৰু সাংসদ প্ৰদান বৰুৱা।বিশেষ বিমানেৰে লীলাবাৰী বিমানবন্দৰত অৱতৰন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত উপস্থিত হৈ ৰাইজক উদ্দেশ্যি ভাষন প্ৰদান কৰে।তেখেতে কয় যে আমাৰ পৰিৱেশ উন্নয়ন হ'লে সমাজ আৰু দেশৰ উন্নতি সাধন হ'ব।অনতি পলমে নিৰ্মাণ কাৰ্য চলি থকা চিকিৎসা মহাবিদ্যালয়খন ৰাইজৰ সেৱাৰ বাবে আগবঢ়োৱা হ'ব।বৰ্তমান চৰকাৰে নিকাভাৱ মুৰ্তিৰে উন্নয়নৰ কাম কৰি আছে।লাগে মাথো ৰাইজৰ সহযোগ।ইয়াৰ পিছতে তেখেতে উত্তৰ লখিমপুৰ জিলা পুঁথিভৰালত অনুষ্ঠিত এখন সভাত উপস্থিত থাকি বিশেষ পাৰদৰ্শিতা দেখুওৱা আত্ম সহায়ক গোট সমুহক সম্বর্দ্ধনা জনায়।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন
https://www.newsnextone.com/lakhimpur-dr-sharma1
118
দৰংঃ দৰং জিলাৰ ধূলাত যোৱা কালি সংঘটিত হ'ল এক আত্মহত্যাৰ ঘটনা।ধূলা থানাৰ অন্তৰ্গত টাংনিঝাৰ গাঁওৰ ছিদ্দিক আলিৰ ১৩ বছৰীয়া কন্যা চাবিনা বেগমে ডিঙিত উৰুণাৰে চিপলৈ আত্মহত্যা কৰে।জানিব পৰা মতে মৃত্যু কিশোৰীজনীৰ পিতৃ-মাতৃয়ে এনআৰচিৰ শুনানিৰ বাবে এনআৰচি কাৰ্যালয়ত গৈছিল, ঘৰত কোনো নথকাৰ সুযোগ লৈ চাবিনা বেগমে সংঘটিত কৰে উক্ত ঘটনা।আবেলি প্ৰায় ৩ মান বজাত কিশোৰী গৰাকীৰ পিতৃ মাতৃ কাৰ্যলয়ৰপৰা ঘূৰি আহি ঘৰৰ ভিতৰত চাবিনাই চিপ লোৱা অৱস্থাত দেখা পাই কান্দুনত ভাগৰি পৰে পৰিয়ালটোৱে।পিছত স্থানীয় বাসিন্দাই ঘটনাটো জানিব পাই ধূলা আৰক্ষী থানাত খবৰ দিয়ে।আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নায়।এজাহাৰ উল্লেখ থকা মতে পৰিয়ালৰ কোনো সদস্যই কাৰো ওপৰত কোনো ধৰণৰ সন্দেহ কৰা নাই বুলিও জানিব পৰা গৈছে।আনহাতে, ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ কাকতি যে খবৰ পাই উপ-পৰিদৰ্শক ছাব্বিৰ আলিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হয়।আৰক্ষীৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে
১৩ বছৰীয়া কিশোৰীয়ে কৰিলে আত্মহত্যা
https://www.newsnextone.com/print/19789
119
জনমভূমি সংশোধিত নাগৰিকত্ব আইনক লৈ হোৱা প্রতিবাদৰ প্রসংগত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কংগ্রেছক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ প্রধানমন্ত্রীয়ে ইয়াত ঝাৰখণ্ড বিধানসভাৰ নির্বাচনৰ বাবে প্রচাৰ অভিযান চলাই এখন নির্বাচনী সভাত ভাষণ দি কয় যে কংগ্রেছে বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ সকলো সীমা চেৰাই গৈছে৷ তেওঁ কয় যে সংশোধিত নাগৰিকত্ব আইনক লৈ কংগ্রেছ আৰু ইয়াৰ সহযোগী দলসমূহে হুলস্থুলৰ সৃষ্টি কৰিছে, ধুমুহাৰ সৃষ্টি কৰিছে৷ টিভিত দেখা দৃশ্যৰ পৰা এই জুই লগোৱাসকল কোন? সেইটো তেওঁলোকে পিন্ধা কাপোৰৰ পৰাই চিনিব পাৰি৷ তেওঁ অসম তথা উত্তৰ-পূর্বাঞ্চলৰ জনসাধাৰণক প্রশংসা কৰি কয়, 'মই অসমৰ, উত্তৰ-পূর্বাঞ্চলৰ ভাতৃ-ভগ্নীসকলক নতশিৰে অভিনন্দন জনাইছোঁ, তেওঁলোকে হিংসাৰ সৃষ্টি কৰিবলৈ বিচৰাসকলক একাষৰীয়া কৰিলে আৰু শান্তিপূর্ণভাৱে প্রতিবাদ সাব্যস্ত কৰি দেশৰ মান-সন্মান বৃদ্ধি কৰিলে৷ এনেধৰণৰ ব্যৱহাৰ অসম তথা উত্তৰ-পূর্বাঞ্চলৰ জনসাধাৰণে কৰি দেখুৱাইছে, সেয়াই গণতন্ত্র৷' প্রধানমন্ত্রীয়ে সংশোধিত নাগৰিকত্ব আইনখন ১০০০ সঠিক বুলি উল্লেখ কৰি কয়, 'আমাৰ সংসদ নাগৰিকত্ব সৈতে জড়িত এটা সংশোধন কৰিল়ে, যাতে চুবুৰীয়া দেশৰ হিন্দু, শিখ, খ্রীষ্টান, পার্চি, বৌদ্ধ আৰু জৈনসকলে নাগৰিকত্ব লাভ কৰিব পাৰে৷ ইয়াৰ বাবে সংসদৰ উভয় সদনে বিপুল সংখ্যাগৰিষ্ঠতাৰে বিধেয়ক গৃহীত কৰিলে৷ কংগ্রেছৰ আৰু তেওঁলোকৰ সহযোগীসকলে ধুমুহাৰ সৃষ্টি কৰিছে৷ এই জুই জ্বলোৱাসকল কোন, তেওঁলোকে পৰিধান কৰা কাপোৰৰ পৰাই চিনিব পাৰি৷' তেওঁ লগতে কয়, 'দেশৰ সংসদ, ভাৰত চৰকাৰে সংশোধিত নাগৰিকত্ব আইন প্রণয়ন কৰি দেশক বচালে৷
অসমৰ জনসাধাৰণক মই নতশিৰে অভিনন্দন জনাইছোঁ ঃ প্রধানমন্ত্রী
https://janambhumi.in/VFhwcmQwOUVXVDA9/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0-%E0%A6%9C%E0%A6%A8%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A7%B0%E0%A6%A3%E0%A6%95-%E0%A6%AE%E0%A6%87-%E0%A6%A8%E0%A6%A4%E0%A6%B6%E0%A6%BF%E0%A7%B0%E0%A7%87-%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%A8-%E0%A6%9C%E0%A6%A8%E0%A6%BE%E0%A6%87%E0%A6%9B%E0%A7%8B%E0%A6%81-%E0%A6%83-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80.html
120
নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোণাৰিবালিত বুধবাৰে তিনিটা সন্তানৰ মাতৃ এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।সোণাৰিবালিৰ নিবাসী আচমা বেগম নামৰ মহিলাগৰাকী যৌতুকজনিত কাৰণত স্বামী গৃহত মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল বুলি মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লগতে স্থানীয় লোকে সন্দেহ কৰিছে।ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বুধবাৰে দুপৰীয়াৰ ভাগতে সোণাৰিবালিৰ নিবাসী নুৰ হকৰ ঘৰত আচমা বেগম (২৭) নামৰ পুত্ৰৰ বোৱাৰীগৰাকীৰ ৰহস্যজনকভাৱে মৃত্যু হয়।পিছত বহু দেৰিকৈ উক্ত পৰিয়ালটোৱে তিনি কিলোমিটাৰ দূৰৈত অৱস্থিত আচমাৰ মাতৃ গৃহত খবৰ দিয়াৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে আৰক্ষীকো সন্ধিয়া ছয় বজাতহে খবৰ দিয়ে।পৰৱৰ্তী সময়ত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ আচমাৰ মৃতদেহটো উদ্ধাৰ কৰে।স্থানীয় লোক আৰু আৰক্ষীয়ে মৃত মহিলা গৰাকীৰ ডিঙি আৰু বুকুত স্পষ্ট ক'লা দাগ থকাত হত্যা কৰাৰ সন্দেহ কৰিছে যদিও আৰক্ষীৰ তদন্তহে প্ৰকৃত সত্য উদ্ঘাটন হ'ব বুলি সচেতন নাগৰিক ধাৰণা কৰিছে।ইতিমধ্যে আৰক্ষীয়ে আচমাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে
চামগুৰিত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য
https://assam.nenow.in/%e0%a6%9a%e0%a6%be%e0%a6%ae%e0%a6%97%e0%a7%81%e0%a7%b0%e0%a6%bf%e0%a6%a4-%e0%a6%8f%e0%a6%97%e0%a7%b0%e0%a6%be%e0%a6%95%e0%a7%80-%e0%a6%ae%e0%a6%b9%e0%a6%bf%e0%a6%b2%e0%a6%be%e0%a7%b0-%e0%a7%b0/
121
জ এ.এছ.এন. প্ৰতিনিধি 28 / 2018 জীৱনৰ কালৰ অধিক সময় ছাত্ৰ-ছাত্ৰীক বিনা বেতনেৰে জ্ঞানৰ পোহৰ বিলাই নিজে ঘোৰ অমানিশাৰ ফালে গতি কৰা এজন নগঁঞা শিক্ষক।বিনা বেতনৰে দীৰ্ঘদিন শিক্ষকতা কৰি অৱশেষত চকু পানী টুকি খালি হাতে অৱসৰ গ্ৰহন কৰিলে আকৌ এজন শিক্ষকে।এই দুৰ্ভগীয়া শিক্ষক গৰাকীৰ নাম সতীন্দ্ৰ নাথ বৰা।তেখেতৰ ঘৰ নগাঁৱৰ চকলাঘাটত।এই গৰাকী শিক্ষকে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ জাজৰি বেলতলস্হিত বীৰ চিলাৰায় মধ্য ইংৰাজী বিদ্যালয়ত ২৪ বছৰ ধৰি ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি জ্ঞানৰ পোহৰ বিলাই অৱসৰৰ সময়ত নিজে অন্ধকাৰ ভৱিষ্যতৰ সন্মুখীন হ'বলগীয়া হৈছে।২৪ বছৰীয়া কাৰ্যকালত এদিনৰো চৰকাৰী দৰমহা নোপোৱাকৈ কেইদিনমান পূৰ্বে অৱসৰ গ্ৰহন কৰা শিক্ষকগৰাকীক দেওবাৰে বিদ্যালয়খনত অনুষ্ঠিত এক সভাত আনুষ্ঠানিকভাবে বিদায় জনোৱা হয়।সুদা হাতে এগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰুৰক বিদায় দিবলগীয়া হোৱাত সকলো আবেগিক হৈ পৰে।স্থানীয় ৰাইজ আৰু বিদ্যালয় কতৃপক্ষই শৰাই, প্ৰশস্তি পত্ৰ, কিতাপৰ টোপোলাৰে শিক্ষক গৰাকীক বিদায় সম্ভাষন জনায়।অশেষ কষ্ট স্বীকাৰ কৰিও আজিলৈকে তেখেতে নিয়মিয়াকৈ চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ বেতন নাপালে।টিউচন কৰি পেটে-ভাতে খাই থকা এই দুৰ্ভগীয়া শিক্ষক গৰাকীয়ে।বিনা পেঞ্চনৰে বৃদ্ধ বয়সত ৰূগীয়া পত্নী আৰু নিজৰ কি হ'ব সেয়া ভাৱিয়েই যেন এতিয়া সন্দিহান হৈ পৰিছে শিক্ষকগৰাকী ৷ শিক্ষকগৰাকীয়ে চৰকাৰলৈ অনুৰোধ জনাইছে যে তেখেতৰ দৰে দুৰ্ভগীয়া শিক্ষকসকলে অৱসৰৰ পিছত যাতে অন্ধকাৰ ভৱিষ্যতলৈ গতি কৰিব নালাগে তাৰ প্ৰতি গুৰুত্ব দিয়ক চৰকাৰে।বিদায়ী সভাখনত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অকন চন্দ্ৰ ডেকা, বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিপিন চন্দ্ৰ বৰা প্ৰমুখ্যে শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।উল্লেখ্য জাজৰি বেলতলত ১৯৮৮ চনত বীৰ চিলাৰায় মধ্য ইংৰাজী বিদ্যালয়খন স্থানীয় ৰাইজে প্ৰতিষ্ঠা কৰিছিল।১৯৯৪ চনত বিদ্যালয়খনে চৰকাৰী স্বীকৃতি লাভ কৰে।বিদ্যালয়খনে ২০১৩ চনত প্ৰাদেশীকৰণ হোৱাৰ পথত আগবাঢ়িছিল যদিও সেই সময়ৰ শাসকীয় কংগ্ৰেছ দলৰ উদাশীনতাৰ বাবে বিদ্যালয়খন প্ৰাদেশীকৰণ নহ'ল।যাৰ ফলস্বৰূপে শিক্ষকতাৰ দৰে মহান বৃত্তিত জৰিত হৈয়ো বিদ্যালয়খনৰ শিক্ষকসকলে প্ৰাপ্য বেতন লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷
২৪ বছৰে বিনা পাৰিশ্ৰমিকেৰে কাম কৰি অৱসৰ ললে সতীন্দ্ৰ নাথ বৰাই
https://www.newsasn.com/node/1193
122
দুলীয়াজানঃ দেওবাৰে দুলীয়াজানৰ ভাদৈত কংগ্ৰেছে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক স্মৰণ কৰে৷ ইন্দিৰা গান্ধীৰ জন্ম শত বাৰ্ষিকী উপলক্ষে পদযাত্ৰা কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক স্মৰণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি যাচে৷ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি এটুৱা মুণ্ডা, পি গগৈ, অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সদস্য ধ্ৰুৱজ্যোতি গগৈ সহ মুঠ ১৬খন পঞ্চায়তৰ বিষয়-ববীয়া উপস্থিত থাকে।প্ৰায় ৮০০ কংগ্ৰেছ কৰ্মীয়ে ৬ কিঃ মিঃ পদযাত্ৰা কৰে৷ প্ৰাক্তন বনমন্ত্ৰী এটুৱা মুণ্ডাই বিজেপি চৰকাৰে জিএছটি আৰু ৩ টকীয়া চাউলকে ধৰি কেচুৱাই খোৱা বিস্কুটলৈকে কৰ লগোৱা বুলি কৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ কংগ্ৰেছৰ নেতা ধ্ৰুৱজ্যোতি গগৈয়ে সাংসদ ৰামেশ্বৰ তেলি আৰু দুলীয়াজানৰ বিধায়ক তেৰছ গুৱালাক উন্নয়নত গুৰুত দিয়া নাই বুলি অভিযোগ উত্থাপন কৰে৷ বাট-পথৰ যি অৱস্থা, অইলক নিলাম কৰাৰ চৰকাৰৰ যি সিদ্ধান্ত তাৰ বাবে সাংসদ আৰু বিধায়ক গৰাকীক জগৰীয়া কৰে
দুলীয়াজানত কংগ্ৰেছৰ পদযাত্ৰা, ইন্দিৰা গান্ধীক স্মৰণ
https://www.newsnextone.com/print/8585
123
লিডুঃ লিডু আৰক্ষী চকীৰ অন্তৰ্গত শামুকজান গাঁও পঞ্চায়তৰ অধীনৰ ৰিংগাঁও বাহবাৰী অঞ্চলত আজি এক দুৰ্ঘটনা সংঘটিত হয় ৷ বাহবাৰীৰ পুলিয়া নামৰ দলং খনৰ সমীপতে থকা কেচা নলাৰ বোৱতি পানীত গা ধুই থকা অৱস্থাত এজন যুৱকৰ সলিল সমাধি ঘটে ৷ যুৱক জনৰ নাম অনিল মুড়া (২৫) বুলি জানিব পৰা গৈছে ৷ দিনৰ প্ৰায় দুই মান বজাত সংঘটিত এই দুৰ্ঘটনাটোৱে এলেকাটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
লিডুত যুৱকৰ সলিল সমাধি
https://www.newsnextone.com/youth%2Bdrowns%2Bin%2Blidoo
124
তুলসীবাৰীঃ "ব্ৰহ্মপুত্ৰ উপত্যকাৰ মৃৎ শিল্প আৰু নৌকাশিল্পৰ অনন্য স্বকীয় বৈশিষ্ট আছে আৰু ইয়ে অসমীয়া শিল্প-সংস্কৃতিৰ ভৰালো চহকী কৰি ৰাখিছে৷ এনে শিল্পসমূহ ৰক্ষাৰ বাবে চৰকাৰে কোনোধৰণৰ কৃপনালী নকৰি সমাধানৰ পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজনীয়৷" শেহতীয়া প্ৰলয়ংকাৰী বানৰ কৰাঁল গ্ৰাসত ধ্বংসৰ গৰাহত পৰা মৃৎ শিল্প আৰু নৌকাশিল্পৰ বৰ্তমানৰ অৱস্থাটো মাজুলীৰ শালমৰাত প্ৰত্যক্ষ কৰি এই মন্তব্য আগবঢ়াইছে কলিতা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি তথা মূখ্য উপদেষ্টা বিজু সেনাপতিয়ে৷ বানত বিধ্বস্ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধন-জনৰ লগতে উপত্যকাটোৰ স্বকীয় বৈশিষ্ট্য বহন কৰা মৃৎ শিল্প আৰু নৌকা শিল্পলৈয়ো অন্ধকাৰ নামি আহিছে৷ এই সন্ধিক্ষনত শিল্পৰ ক্ষেত্ৰখনত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি চৰকাৰে সময়োচিত পদক্ষেপ গ্ৰহণ নকৰিলে শিল্পকেইটা জীয়াই থকাটোৱেই ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিব৷ এনে এক প্ৰেক্ষাপটত এই শিল্পৰ লগত জড়িত লোকসকলক চৰকাৰে যথোপযুক্ত সা-সুবিধা প্ৰদান কৰাৰ বাবে সেনাপতিয়ে চৰকাৰক অনুৰোধ জনাইছে যাতে মৃতপ্ৰায় শিল্পকেইটাৰ পুনৰোত্থান ঘটে৷ নদীৰ কাষতহে এই দুয়োটা শিল্প জীয়াই ৰাখিবলৈ সুচল৷ শিল্প সংস্কৃতিৰ সংকটে জাতিৰ অস্তিত্বৰ প্ৰতিও ভাবুকি সৃষ্টি কৰিছে বুলি খেদ প্ৰকাশ কৰাৰ লগতে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতি যোগে সকলো জাতি প্ৰেমিককে সচেতন হ'বৰ বাবে কলিতা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি তথা মূখ্য উপদেষ্টা বিজু সেনাপতিয়ে মুকলি আহ্বান জনায়।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
বানে কোঙা কৰা মৃৎ শিল্প আৰু নৌকাশিল্পলৈ ক্ষতিপুৰণৰ আহ্বান
https://www.newsnextone.com/save-culture-protest-at-majuli/#comments
125
ডিজিটেল ডেস্কঃ মনত আছেনে শৈশৱৰ লুজেন কিনি খোৱাৰ কথা।তেতিয়া আপোনাৰ সৈতে সেই নোট খন আছিল।যি খন নোটৰ আজি এশ বছৰ হ'ল।সেই নোট খনতে আমি সুখী আছিলো।চাহিদা থকা নোট খনৰ মাণদণ্ডও আছিল বহু।সেই সময়ত সেই নোট খনৰ মূল্যও বহু আছিল।হয়, মই এক টকাৰ নোট খনৰ কথাকে কৈছে।এটা সময় আছিল সকলোৰে হাতে হাতে বেলেগ নোট থাকক বা নাথাকক সকলোতে ব্যৱহাৰ কৰিব পৰা সৰু নোট খন থাকিবই৷ বিদ্যালয়লৈ যোৱাৰ পৰত অভিভাৱকে হাতত গুজি দিছিল সেই নোট খন৷ পিছে সময়ৰ সোঁতত যেন মুল্য হেৰাই গ'ল এই নোট খনৰ৷ এনে এটা সময় আহে যে একেবাৰেই বন্ধ হৈ পৰে এই নোট৷ পিছে নীৰৱে সকলো যন্ত্ৰণা সহি ৩০ নৱেম্বৰত এশবছৰত সোমাল নীলা ৰঙৰ সৰু এক টকাৰ নোট খনে।১৯৯৪ চনত দেশৰ সকলোতকৈ সৰু নোটখনৰ ছপা কাম বন্ধ কৰি দিয়ে ভাৰত চৰকাৰে৷ কিন্তু জনগণৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এই নোট খনৰ পুনৰ ছপা কাম আৰম্ভ কৰে ২০১৫ চনত।বিভিন্ন শুভ অনুষ্ঠানত ১১ টকাৰ, ৫১ টকাৰ বা ১০১ টকাৰ দিয়াৰ ক্ষেত্রত বহুল ব্যৱহৃত হৈছিল এই সৰু নীলা নোট খন৷ উল্লেখ্য যে, এই খনেই একমাত্ৰ নোট যিখনত আৰবিআইৰ গভর্নৰৰ সলনি চহী থাকে বিত্তমন্ত্ৰালয়ৰ অর্থসচিবৰ।সেয়ে এই নোট খনৰ বৰ্ষপূৰ্তিত বৃহস্পতিবাৰে কোনো ধৰণৰ উৎসৱ পতা দেখা নগল৷ বিগত একশতাব্দীত ২৮ বাৰ এই একটকীয়া নোটখনৰ ৰূপ সলনি কৰা হৈছে৷ সৰ্বপ্ৰথমে ১৯১৭ চনত ৩০ নৱেম্বৰত একটকীয়া নেট খন বজাৰলৈ আহিছিল।ছপা হৈছিল ইংলেণ্ডত৷ দেশৰ চৰকাৰে বিভিন্ন অনুষ্ঠানৰ নামত কোটি কোটি টকা খৰছ কৰে যদিও নোট খনৰ স্মৃতিত সাধাৰণ অনুষ্ঠানৰ আয়োজন নকৰিলে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
লুজেন খোৱা কালৰ এক টকীয়া, তোমাৰ ১০০ বছৰীয়া জন্মদিন পালন কৰিব নোৱাৰিলো
https://www.newsnextone.com/100-year-birthday-celebration-one-rupee-note-ind/#comments
126
ডিজিটেল ডেস্কঃ ২০১৯ অহাৰ লগে লগে দেশৰ ৰাজনৈতিক দলৰ মাজত বাকযুদ্ধ তুংগত উঠিছে৷ কিয়নো ২০১৯ চনত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন৷ দুদিন পূৰ্বে চীন ভ্ৰমণ সামৰি দেশলৈ উভতি অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে৷ প্ৰধানমন্ত্ৰী মোডীয়ে কি বিষয়ক লৈ চীন ভ্ৰমণলৈ গৈছিল তাক লৈ প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে৷ তাৰ ৩ দিন পূৰ্বে ৰাহুলে তেওঁক সংসদত মাথো ১৫ মিনিট সময় ভাষণ দিব দিয়াৰ সুবিধা দিবলৈ কৈছিল৷ দুৰ্নীতিৰ লগতে কেইবাটাও বিষয়ত ভাষণ প্ৰদান কৰিলে মোডীয়ে ধৈৰ্য ধৰি থাকিব নোৱাৰিব বুলি কয়৷ এইবাৰ ৰাহুল গান্ধীক উভতি ধৰিলে নৰেন্দ্ৰ মোডীয়ে৷ নৰেন্দ্ৰ মোডীয়ে প্ৰত্যাহ্বান জনাই কয় যে ৰাহুল গান্ধীয়ে হিন্দী নতুবা ইংৰাজীত মাত্ৰ ১৫ মিনিট সময় কাগজ নোচোৱাকৈ ভাষণ দি দেখুওৱাক৷ মঙলবাৰে কৰ্ণাটকত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশ লৈ ভাষণ প্ৰদান কৰাৰ মুহূৰ্তত মোডীয়ে কয় "ৰাহুল গান্ধীয়ে হিন্দী নতুবা ইংৰাজী, তেওঁৰ মাতৃৰ মাতৃভাষা, যিটো পছন্দ কৰে সেইটোৰে তেওঁৰ পাৰ্টিৰ কৃতিত্ব সন্দৰ্ভত ১৫ মিনিট সময় ভাষণ আগবঢ়াওক৷" আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
কাগজ নোচোৱাকৈ হিন্দী-ইংৰাজীত ৰাহুল গান্ধীয়ে ১৫ মিনিট ভাষণ দি দেখুওৱাক
https://www.newsnextone.com/narendra-modi-takes-on-rahul-gandhi-over-debate-challenge-can-you-speak-non-stop-for-15-minutes
127
জ এ.এছ.এন. প্ৰতিনিধি 14 / 2018 ৰাজ্যখনৰ অগ্ৰণী সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠীৰ উদ্যোগত কালি নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰত অসমীয়া সাহিত্য জগতৰ অন্যতম মহীৰূহ ডঃ ভৱেন্দ্ৰ নাথ শইকীয়াৰ ১৫সংখ্যক মৃত্যুতিথিৰ লগতে 'বিৰিণা বৈভৱ' শীৰ্ষক গোষ্ঠীটোৰ মাহেকীয়া সাহিত্য আলাপ অনুষ্ঠানটি সম্পন্ন হয়।কালি সন্ধিয়া ৰামপুৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত সাহিত্য আলাপ আৰু স্মৃতিচাৰণ অনুষ্ঠানটো সঞ্চালনা কৰে বিৰিণা গোষ্ঠীৰ সভাপতি লীলাধৰ পাঠকে।বন্তি প্ৰজ্জ্বালন কৰে অৱসৰী প্ৰধান শিক্ষক ৰমাকান্ত গোস্বামীয়ে।ডঃ ভৱেন্দ্ৰ নাথ শইকীয়াৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে সাহিত্যসেৱী তথা সমাজকৰ্মী জগদাচৰণ তালুকদাৰে।স্মৃতি তৰ্পণ মুকলি কৰি দিয়া ভাষণত বিশিষ্ট অভিনেতা তথা নাট্যকাৰ উদয় চন্দ্ৰ বৰ্মনে ডঃ ভৱেন্দ্ৰ নাথ শইকীয়াৰ সৃষ্টিৰাজি ইংৰাজী ভাষালৈ অনুবাদ কৰাৰ পোষকতা কৰে।গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে আঁতধৰা সভাখনত 'শৃংখল'ৰ স্ৰষ্টাগৰাকীক স্মৰণ কৰাৰ লগতে তেখেতৰ সাহিত্যৰাজিৰ ওপৰত আলোকপাত কৰা হয়।অনুষ্ঠানটোত চিন্ময় ডেকা, ৰমণী নাথ, বাবুল বণিক্য, জেহেৰুল ইছলাম, সুৰজিত পাঠক, ইছমাইল হুছেইন, সংগীতা মেধি, তফিকুৰ ৰহমান আদি কেইবাগৰাকী কবিৰ কবিতা পাঠ আৰু পৰ্যালোচনা কৰা হয়।গোষ্ঠীটোৰ সহযোগী সম্পাদক ৰমণী নাথে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোত উপস্থিত থাকি সদৌ অসম সাংবাদিক সন্থাৰ সম্পাদক নকুল তালুকদাৰ আৰু বৰপেটা জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি খনীন পাঠকে সাহিত্য-সংস্কৃতিৰ ওপৰত বিশদ ব্যাখ্যা দাঙি ধৰে।উল্লেখ্য যে বিৰিণা গোষ্ঠীৰ উদ্যোগত প্ৰতিমাহে এটি বিশেষ দিনত ৰাজ্যখনৰ ভিন ভিন ঠাইত 'বিৰিণা বৈভৱ' শীৰ্ষক এক ব্যতিক্ৰমী সাহিত্য আলাপ আৰু স্মৃতি চাৰণ অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে।অহা ৮ ছেপ্টেম্বৰত বৰপেটা জিলাৰ সৰ্থেবাৰীত পৰৱৰ্তী অনুষ্ঠানটি অনুষ্ঠিত হ'ব বুলি বিৰিণা গোষ্ঠীয়ে জানিবলৈ দিয়ে
বৰক্ষেত্ৰীৰ ৰামপুৰত বিৰিণা গোষ্ঠীৰ ভৱেন্দ্ৰ নাথ শইকীয়াক স্মৰণ, সাহিত্য আলাপ অনুষ্ঠান
https://www.newsasn.com/node/863
128
মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছে যুটীয়া অভিযান চলাই আজি ইম্ফল ইষ্ট জিলাৰ চ্চানিংপকপি গাঁৱৰপৰা বৃ্হৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়।আৰক্ষী সূত্ৰই জনোৱা অনুসৰি অভিযানটো আজি পুৱা ৫.৩০ৰপৰা ১০.৩০ বজালৈকে চলোৱা হৈছিল।ইম্ফল ইষ্ট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (আইন-শৃংখলা) ৱুংপাম কাচাৰে জনোৱা মতে অভিযানটোত জোপোহাৰ মাজত ক'লা পলিথিনেৰে ঢাকি থোৱা অৱস্থাত এটা ৩০৩ এল এম জি আৰু ৪০ ৰাউণ্ড গুলি, ২ জাঁই গুলিৰে সৈতে এটা লেথ'ৰ গান, এটা দেশীয় বন্দুক, ১৮ জাঁই গুলিসহ ৩ টা দেশীয় পিস্তল আৰু এটা দেশীয় ৰিৱ'লৱাৰ উদ্ধাৰ কৰা হয়।আজিৰ অভিযানটোৰ নেতৃত্ব দিছিল আৰক্ষীৰ ডি এছ পি (কমাণ্ড') ৰবিনচন খামনম, ডি এছ পি (অভিযান) আৰ কে চাকলেম্বা আৰু ইম্ফল ইষ্ট আৰু জেমান্দাৰ ইবুংপিৰ কমাণ্ড' গোটৰ পৰিদৰ্শক লুনথাং ৱাইপেইয়ে।আনহাতে গণৰাজ্য দিৱস উপলক্ষে মণিপুৰ আৰক্ষীয়ে গ্ৰহণ কৰা নিৰাপত্তা ব্যৱস্থাৰ অংশ হিচাপে ইম্ফল ইষ্ট জিলাৰ মহাবলীত আজি গধূলি ৫ৰপৰা ৫.৪৫ বজালৈকে এক তালাচী অভিযান চলোৱা হয়।ইম্ফল ইষ্ট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পৰ্য্যৱেক্ষণত জিলাখনৰ কমাণ্ড'ৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলোৱা এই অভিযানকালত ৯০ জন পুৰুষক তালাচী চলোৱা হয়।তালাচী কালত সঠিক পৰিচয়পত্ৰ দেখুৱাব নোৱৰা ৩ জন ব্যক্তিক অধিক তথ্যৰ বাবে পৰম্পাট আৰক্ষী থানালৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষী সূত্ৰই সদৰী কৰিছে
মণিপুৰত আৰক্ষী-আছাম ৰাইফলছৰ অভিযানত উদ্ধাৰ হ'ল বৃ্হৎ পৰিমাণৰ অস্ত্ৰ
https://assam.nenow.in/%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0%e0%a6%a4-%e0%a6%86%e0%a7%b0%e0%a6%95%e0%a7%8d%e0%a6%b7%e0%a7%80-%e0%a6%86%e0%a6%9b%e0%a6%be%e0%a6%ae-%e0%a7%b0%e0%a6%be%e0%a6%87%e0%a6%ab/
129
নাৰায়ণপুৰঃ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতিক গুৰুত্ব নিদিয়াত প্ৰতিবাদৰ জোৱাৰ উঠিছে ৰাজ্যত৷ অসমৰ ভয়াবহ বান পৰিস্থিতিক কেন্দ্ৰীয় চৰকাৰে অৱহেলা কৰা কাৰ্য্যক তীব্ৰ প্ৰতিবাদ জনাইছে অসম জাতীয়তাবাদী যুৱ পৰিষদে।অসমৰ বান সমস্যাক সামান্যতমো গুৰুত্ব প্ৰদান নকৰি গুজৰাটত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৫০০ কোটি টকাৰ পেকেজ ঘোষণা কৰা কাৰ্য্য আৰু অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা নকৰাত ক্ষুন্ন হৈ যুৱ-ছাত্ৰ সংগঠনটোৰ নাৰায়ণপুৰ আঞ্চলিক সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ আদি শ্লোগানেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে যুৱ ছাত্ৰ সংগঠনটোৰ দাবী সমূহ মানি নললে পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৰ কৰ্মী সকলে
নাৰায়ণপুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ
https://www.newsnextone.com/print/4385
130
ঐতিহাসিক অসম আন্দোলনৰ যেন পুনৰ উক৲মুকনি উঠিছে অসমত৷ অসম চুক্তি স্বাক্ষৰৰ পাছত চুক্তি উলংঘা কৰি হিন্দু বাংলাদেশীৰ বোজা অসমত জাপি দিবলৈ ওলোৱা কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ তেজ দিবলৈ অসমীয়া মানুহ যে সাজু আজি সেই কথাই প্রমাণিত হ'ল গুৱাহাটীত৷ তেজ দিলেও তেল নিদিয়াৰ বাবে জনোৱা আহবানলৈ সঁহাৰি জনাই হাজাৰ হাজাৰ লোক হিলদল ভাঙি অসম আন্দোলনত জঁপিয়াই পৰাই নহয় তেজেৰে শ্ল'গান লিখি আন্দোলনকাৰীক অধিক উজ্জীৱিত কৰাৰ পথকে আজি পুনৰ অৱলম্বন কৰিলে অসম আন্দোলনৰ দুজন প্রাক্তন নেতাই৷ হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ বাবে আইন সংশোধনী বিধেয়ক সংসদত উত্থাপনৰ পূর্বে যুটীয়া সংসদীয় কমিটীয়ে আহি মতামত গ্রহণ কৰাৰ সময়ত খানাপাৰাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি দুজন ব্যক্তিয়ে তেজেৰে শ্ল'গান লিখা কার্যই আন এক অসম আন্দোলনৰ উক৲মুকনিৰ ইংগিত দিছে৷ উল্লেখযোগ্য যে আজি সংসদীয় কমিটীয়ে বিভিন্ন দল, সংগঠন, ব্যক্তিৰ মতামত গ্রহণ কৰি থকাৰ সময়ত দুজন ব্যক্তিয়ে বুকুৰ তেজেৰে 'নাগৰিকত্ব আইন সংশোধনী আমি মানি নলওঁ, এই স্মাৰক পত্র আমাৰ তেজেৰে স্বাক্ষৰ কৰিছোঁ' বুলি শ্ল'গান লিখি প্রদর্শন কৰে৷ জানিব পৰা মতে, নামৰূপ আঞ্চলিক ছাত্র সন্থাৰ সদস্য মাধৱ বৈশ্য আৰু জীয়াউৰ ৰহমানে অসম আন্দোলনৰ সময়ত সক্রিয় ভূমিকা গ্রহণ কৰিছিল৷ অসম আন্দোলনৰ ফলস্বৰূপে স্বাক্ষৰিত অসম চুক্তি উলংঘা কৰি বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ আইন সংশোধনৰ দ্বাৰা আৰম্ভ কৰা অসম-বিৰোধী অভিযান বুকুৰ তেজেৰে শ্ল'গান লিখি প্রতিবাদ জনালে দুজন ব্যক্তিয়ে৷
বুকুৰ তেজেৰে শ্ল'গান লিখি বিৰোধিতা দুজন প্রাক্তন আছু কর্মীৰ
https://janambhumi.in/VFdwRmQwMVVSVDA9/%E0%A6%AC%E0%A7%81%E0%A6%95%E0%A7%81%E0%A7%B0-%E0%A6%A4%E0%A7%87%E0%A6%9C%E0%A7%87%E0%A7%B0%E0%A7%87-%E0%A6%B6%E0%A7%8D%E0%A6%B2%E2%80%99%E0%A6%97%E0%A6%BE%E0%A6%A8--%E0%A6%B2%E0%A6%BF%E0%A6%96%E0%A6%BF-%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A6%BF%E0%A6%A4%E0%A6%BE-%E0%A6%A6%E0%A7%81%E0%A6%9C%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%86%E0%A6%9B%E0%A7%81-%E0%A6%95%E0%A6%B0%E0%A7%8D%E0%A6%AE%E0%A7%80%E0%A7%B0.html
131
ডিজিটেল ডেস্কঃ লাখৰ ঘৰত নহয়, বিবাহৰ নামত খৰচ কৰিব দহ কোটি টকা৷ অৱশ্যে চেলিব্ৰেটীৰ বিয়া বুলিলে কথাই বেলেগ হৈ পৰে৷ তাকো এলা পেছা চেলিব্ৰেটিৰ বিয়া নহয়৷ দহ কোটি ব্যয়েৰে যুগ্ম জীৱনৰ পাতনি মেলিব ওলোৱা যুটিটো হৈছে দক্ষিণৰ সুন্দৰী অভিনেত্ৰী সমাংথা ৰূথ প্ৰভূ আৰু চুপাৰষ্টাৰ অক্কিনেনী নাগাৰ্জুনৰ পুত্ৰ নাগা চৈতন্যৰ৷ দুয়োৰে মাজত থকা গভীৰ ভালপোৱাৰ অন্তত দুয়োজনে শেষত বিবাহৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ আনহাতে যুগ্মজীৱনৰ আৰম্ভণী চিৰ স্মৰনীয় কৰি ৰখাৰ উদ্দেশ্যেই দুয়োজনে এক ব্যয়বহুল বিবাহ অনুষ্ঠান আয়োজন কৰিব বিচাৰিছে৷ দুয়োগৰাকী চেলিব্ৰেটীৰ বিয়াখনত কমেও দহ কোটি টকা খৰচ কৰা হ'ব বুলি জানিব পৰা গৈছে৷ শুকুৰবাৰে গোৱাত অায়োজন কৰা ৰাজকীয় বিবাহ অনুষ্ঠানখনত অতিথি হিচাপে নিমন্ত্ৰিত হৈছে চিত্ৰজগত, ৰাজনীতি আদিৰ লগত জড়িত ১৫০ গৰাকী বিশিষ্ট ব্যক্তি৷ আনহাতে চৈতন্য আৰু সামাংথাই নিজৰ বিয়াখন পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুসকলৰ উপস্থিতিত সমাপন কৰিব বিচাৰিছে৷ সেই বাবে সংবাদ মাধ্যমকো দূৰতে ৰাখিছে পৰিয়ালবৰ্গই৷ অৱশ্যে বিবাহৰ পাছতেই হায়দৰাবাদৰ কংবেছন চেন্টাৰত এক বিশাল অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ যত বলিউডৰো বহু কেইগৰাকী নামী-দামী তাৰকা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে৷ আনফালে বিয়াখনক লৈ উৎসাহিত হৈ পৰিছে সংমাথা-চৈতন্যৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গ৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
বিগ বাজেটৰ বিয়া চৈতন্য-সমাংথাৰ
https://www.newsnextone.com/marriage-of-celeb-in-south/#comments
132
জ ডেস্ক / 2019 নিউজ ডেস্ক : মহানগৰী খানাপাৰাত মংগলবাৰে ৰাতি সংঘটিত হয় এক ডকাইতিৰ ঘটনা।বাইকত অহা দুই ডকাইতে খানাপাৰাত গাড়ীৰ বাবে ৰৈ থকা এগৰাকী ব্যৱসায়ী যাত্ৰীৰ পৰা কাঢ়ি লৈ যায় নগদ ৪.৫০লাখ টকা।প্ৰাপ্ত খবৰ অনুসৰি গুৱাহাটীৰ আঠগাঁৱৰ আনন্দ হাউছিং কৰ্পৰেচন ছচাইটিৰ বাসিন্দা কৃষাণ সিং নামৰ ব্যৱসায়ী গৰাকীয়ে ব্যৱসায়ৰ কামত ৪.৫০লাখ টকা লৈ নগাঁওলৈ যাবৰ বাবে খানাপাৰাত গাড়ীলৈ অপেক্ষা কৰি আছিল।তেনেতে বাইকত অহা দুই দুৰ্বৃত্তই ব্যৱসায়ী সিংৰ টকা থকা বেগতো লৈ উধাও হয়।ইফালে এই ঘটনা সংঘটিত হোৱাৰ পিছতেই বশিষ্ঠ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ১৭৪১/১৯ নম্বৰত এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ ৩৯২ধাৰা অনুসৰি তদন্তৰ অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ দুৰ্বৃত্তক কাৰায়ত্ত কৰিব পৰা হোৱা নাই
বাইকত অহা দুৰ্বৃত্তই মহানগৰীৰ খানাপাৰাত ব্যৱসায়ী পৰা কাঢ়ি নিলে ৪.৫০ লাখ টকা
https://www.newsasn.com/node/9834
133
পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল মৰিগাঁৱৰ ৰাজপথ ♦ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ মৰিগাঁও চি আৰ পি এফৰ জোৱানৰ মৰিগাঁওঃ জম্মু আৰু কাশ্মীৰৰ পুলৱামাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰতিবাদত সোমবাৰে সৰ্বভাৰতীয় ব্যৱসায়ী সন্থাই আহ্বান জনোৱা দেশজোৰা ব্যৱসায় বন্ধৰ আহ্বানক সমৰ্থন জনাই মৰিগাঁও জিলা চেম্বাৰ অব্ কমাৰ্চেও জিলাখনৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰাখি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।জিলাখনৰ সকলো ব্যৱসায় প্ৰতিষ্ঠানে সৰ্বাত্মক বন্ধ পালন কৰি মৰিগাঁও নগৰত এক প্ৰতিবাদী সমদলো বাহিৰ কৰে।জিলা চেম্বাৰ অব্ কমাৰ্চৰ সম্পাদক মিলন ডেকা, উপ-সভাপতি মনচুৰ আহমেদ, যুটীয়া সম্পাদক কুলিন বৰা, সাংগঠনিক সম্পাদক বুবুল বৰদলৈ, প্ৰচাৰ সম্পাদক ৰাজু দাস, মৰিগাঁও নগৰৰ সমিতিৰ সম্পাদক বলেন দাস, সহঃসম্পাদক বুবুল কাকতি, জনসম্পৰ্কৰক্ষী বিষয়া জিতুমনি নাথ, বিপুল দত্ত, জিতু বৰা, নানিয়া, ববি জৈন আদি কৰি চেম্বাৰ অব্ কমাৰ্চৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰা প্ৰতিবাদী সমদলটোত দুই শতাধিক ব্যৱসায়ীৰে অংশগ্ৰহণ কৰে।পাকিস্তান হুচিয়া, সন্ত্ৰাসবাদ নিপাত যাওক ধ্বনিৰে আকাশ-বতাহ উত্তাল কৰি প্ৰতিবাদী সমদলটোৱে মৰিগাঁও নগৰৰ মাজেৰে পৰিভ্ৰমণ কৰি মূল পুলিচ পইন্টৰ সন্মুখত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰে।চেম্বাৰ অব্ কমাৰ্চৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতৃত্বই সহযোগিতা কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত মৰিগাঁও সদৰ থানাৰ ছাউনিত থকা চি আৰ পি এফ জোৱানসকলেও অংশগ্ৰহণ কৰে
পুলৱামা-কাণ্ড প্ৰতিবাদত দিয়া ব্যৱসায়ী গোষ্ঠী বন্ধ সৰ্বাত্মক
https://www.newsnextone.com/print/18174
134
দেশৰ আগশাৰীৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানে সাধাৰণ নিৰ্বাচনক লৈ আগবঢ়োৱা নিৰ্বাচনোত্তৰ সমীক্ষা (এক্সিট প'ল)ক তিনি দিনীয়া মনোৰঞ্জন আখ্যা অসম প্ৰদেশ কংগ্ৰেছৰ।বেছিভাগ সংবাদ প্ৰতিষ্ঠানে নিজৰ নিজৰ সমীক্ষাত কেন্দ্ৰত পুনৰ বিজেপি নেতৃত্বাধীন এন ডি এৰ চৰকাৰ হোৱাৰ স্পষ্ট ইংগিত দিয়াৰ পিছতে প্ৰদেশ কংগ্ৰেছে ২০ মে'ত ৰাজীৱ ভৱনত এখন সংবাদমেল দি ইয়াৰ সত্যতা নাকচ কৰে।"আজিলৈকে ৮০ শতাংশ এগজিট প'ল মিছা প্ৰমাণিত হৈ আহিছে।এই তিনি দিন এগজিট প'লে গোটেই ভাৰতীয়ক মনোৰঞ্জন দিব", সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গাদাস বড়োৱে কয়।২০০৪ চনৰ 'এগজিট প'ল'ৰ কথা সোঁৱৰাই দি এইবাৰো একজিট প'লৰ একেই দশাৰ পুনৰাবৃত্তি হ'ব বুলি দাবী মুখপাত্ৰজনৰ।উল্লেখযোগ্য যে ২০০৪ চনত বিভিন্ন বাতৰি প্ৰতিষ্ঠানে আগবঢ়োৱা নিৰ্বাচনোত্তৰ সমীক্ষাত অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত পুনৰ বিজেপিৰ চৰকাৰ হ'ব বুলি কৈছিল যদিও প্ৰকৃত ফল ওলোটা হৈছিল।তেওঁ লগতে ২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ পাছত অনুষ্ঠিত কেইবাখনো ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ 'একজিট পল'ৰ প্ৰসংগও উত্থাপন কৰে।সেইকেইখন হ'ল দিল্লী, বিহাৰ, পাঞ্জাৱ আৰু গুজৰাট।"এই আটাইকেইখন ৰাজ্যৰ বিধান সভাৰ নিৰ্বাচনতে বিভিন্ন সংস্থাৰ 'এগজিট পল'ৰ ফলাফলত বিজেপি যিমান সংখ্যক আসনত জয়ী হ'ব বুলি প্ৰকাশ পাইছিল ভোটগণনাৰ অন্তত সেয়া অশুদ্ধ প্ৰমাণিত হৈছিল", বড়োৱে কয়।তেওঁ 'এগজিট প'ল' শাসক দলৰ নিৰ্বাচনী যুঁজৰে এটা কৌশল আখ্যা দিয়ে।এই অনুমানপূৰ্বক ফলাফল "সম্পূৰ্ণ পৰিকল্পিত আৰু ভুৱা তথ্যৰ ভিত্তিত প্ৰচাৰ" বুলি কৈ ইয়াৰ সত্যতা চাবলৈ ২৩ মে'লৈ অপেক্ষা কৰিবলৈ কয় অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰজনে।এনে ধৰণৰ "আগতীয়া ফলাফল"ৰ দ্বাৰা বিজেপিয়ে বিৰোধী ৰাজনৈতিক দলৰ কৰ্মীৰ মনোবল হ্ৰাস কৰি ভোটগণনাত বিশেষ প্ৰভাৱ খটুৱাব পাৰে বুলিও তেওঁ শংকা প্ৰকাশ কৰে
পূৰ্বৰ ৮০ শতাংশ 'একজিট প'ল' মিছা প্ৰমাণিত; ই তিনিদিনীয়া মনোৰঞ্জন : প্ৰদেশ কংগ্ৰেছ
https://assam.nenow.in/exit-poll-is-a-three-days-entertainment-says-apcc-spokesperson-durgadas-boro/
135
গুৱাহাটীঃ দিল্লীত অসমৰ জীয়ৰী বিদিশা বেজবৰুৱাৰ মৃত্যুৰ ঘটনাই অন্য দিশে গতি কৰিছে।আজি পুৱাৰ ভাগত জেৰাৰ বাবে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিদিশাৰ স্বামী নিশিতক।বলিউডৰ 'জগ্গা জাচুচ' নামৰ ছবিখনত অভিনয় কৰা অসমৰ গায়িকা তথা অভিনেত্ৰীগৰাকীৰ আত্মহত্যাৰ আঁৰত পাৰিবাৰিক কন্দলৰ ভূমিকা সম্পৰ্কে সন্দিহান হৈ পৰা বিদিশাৰ পিতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নিশিতক গ্ৰেপ্তাৰ কৰাৰ পিছতে বিষয়টো ৰহস্যঘন হৈ পৰিছে।গুৱাহাটীৰ উজানবজাৰৰ বাসিন্দা বিদিশাৰ মৃতদেহ সোমবাৰে উদ্ধাৰ কৰা হৈছিল দিল্লীৰ গুৰগাওঁৰ সুশান্ত লেক এলেকাৰ এটা এপাৰ্টমেণ্টত।অলপতে মুম্বাইৰ পৰা দিল্লীলৈ ঘৰ সলাইছিল বিদিশাই।তাতেই চিলিং ফেনত বিদিশাৰ ওলমি থকা মৃতদেহ প্ৰত্যক্ষ কৰে আৰক্ষীয়ে।পিতৃৰ ভাষ্য মতে সোমবাৰে বিদিশাই পিতৃৰ ফোনকল উঠোৱা নাছিল।তাতেই সন্দেহ উপজি পিতৃয়ে আৰক্ষীৰ কাষ চাপে আৰু বিদিশাৰ ঠিকনা দি ঘটনা বিৱৰি কয়।ঘটনা স্থলীত আৰক্ষীয়ে উপস্থিত হৈ ঘৰৰ মূল দ্বাৰ আৰু দৰ্জা বন্ধ অৱস্থাত পায়।দৰ্জা ভাঙি ভিতৰলৈ সোমাই আৰক্ষীয়ে বিদিশাৰ মৃতদেহ চিলিং ফেনত উলমি থকা অৱস্থাত দেখে।বিদিশাৰ পিতৃৰ ভাষ্য মতে বিদিশাই ভাল পাই বিয়া হৈছিল যদিও দুয়োজনৰ মাজত বিভিন্ন কথাক লৈ প্ৰায়ে কাজিয়া লাগিছিল।আৰক্ষীয়ে বিদিশাৰ ফোন, ফেচবুক একাউণ্ট আৰু অইন ছ'চিয়েল নেটৱৰ্কিং ছাইটত প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰিছে।কোনোধৰণৰ চুচাইড নোট পোৱা নাই আৰক্ষীয়ে।ঘটনা সন্দৰ্ভত সঠিক অনসন্ধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ ফোনযোগে অনুৰোধ জনায়।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
দিল্লীত চিপ লোৱা অসমৰ বিদিশাক লৈ ৰহস্য, আটক স্বামী
https://www.newsnextone.com/jagga-jasus-actress-bidisha-bezbarua-hanged-herself-husband-arrested/#comments
136
ডিজিটেল ডেস্কঃ বলিউডৰ চুপাৰষ্টাৰ ছলমান খানে ৰাজস্থানৰ জোধপুৰ কেন্দ্ৰীয় কাৰাগাৰত আৰু এটা নিশা কটাব লাগিব৷ শুকুৰবাৰে ছলমানৰ জামিনৰ শুনানিৰ অন্তত ৰায় এদিনৰ বাবে স্থগিত ৰাখে জোধপুৰ চেচন আদালতে৷ ৰায় শনিবাৰলৈ স্থগিত ৰখাৰ লগে লগে দ্বিতীয়টো দিন জেলত পাৰ কৰিব লাগিব চল্লু ভাইজান৷ - 6, 2018 বলিউডৰ চুপাৰষ্টাৰ ছলমান খানৰ অধিবক্তাই শুকুৰবাৰে পুৱা ১০ বজাত জোধপুৰ চেচন আদালতত জামিন আৱেদন কৰিছিল৷ ১০.৩০ বজাৰ পৰা জামিন আৱেদনৰ সন্দৰ্ভত শুনানি অনুষ্ঠিত হৈছিল৷ তাৰ পাছতে শুনানিৰ অন্তত ন্যায়ধীশে এদিনৰ বাবে স্থগিত ৰাখে ৰায়৷ ০৫ মাৰ্চত জোধপুৰ আদালতে ২০ বছৰ পুৰণি কৃষ্ণ মৃগ হত্যা গোচৰত ছলমান খানৰ শাস্তি ঘোষণা কৰে৷ জোধপুৰ আদালতে ৫ বছৰৰ কাৰাবাস ঘোষণা কৰে কৃষ্ণ মৃগ হত্যা গোচৰৰ দোষী ছলমানক৷ জোধপুৰ জেলত ১০৬ নং কয়দী হিচাপে পৰিচিত হয় ছলমান খান৷ আনহাতে জেলৰ ২ নং ৱাৰ্ডত থাকিব ছলমান থানে৷ যিটো ৱাৰ্ডত কেইবাগৰাকী প্ৰভাৱশালী লোক কাৰাবাস খাটি আছে৷ বৃহস্পতিবাৰে জোধপুৰ আদালতে শাস্তিৰ ৰায় দিয়ে৷ একেটা দিনতে পুৱা ১১.৫০ বজাত আদালতে দোষী সাব্যস্ত কৰিছিল ছলমান খানক৷ ছলমান খানক ৫বছৰৰ কাৰাবাসৰ ৰায় ঘোষণা কৰাৰ লগতে ১০ হাজাৰ জৰিমণা বিহে ছলনামক৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
দ্বিতীয়টো দিন কাৰাগাৰত কটাব লাগিব চল্লু ভাইজানে, আদালতে জামিনৰ ৰায় দিব শনিবাৰে
https://www.newsnextone.com/assam-Jodhpur-Court-reserves-order-till-tomorrow-on-SalmanKhan%27s-bail-plea/#comments
137
লংকাঃ হাৰিয়ানাৰ এখন চুৰি ট্ৰাক আজি লংকাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰাজ্যত বৰ্তমানেও যে আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ সক্ৰিয় হৈ আছে সেয়া স্পষ্ট কৰি তুলিছে এই ঘটনাই।বহিঃ ৰাজ্যৰ পৰা চুৰি কৰি অনা ট্ৰাকখনৰ সৈতে দুই দুধৰ্ষ চোৰকো আজি লংকা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, যোৱা ১৪ জুলাইত হাৰিয়ানৰ পৰা শ্বেকুল খান নামৰ লোকজনৰ এখন ১২চকীয়া মালবাহী ট্ৰাক চুৰি হৈছিল ৷ ট্ৰাক খনৰ গৰাকী শ্বেকুল খানে ট্ৰাক খনৰ সন্ধানত আহি লংকাত উপস্থিত হয়৷ লংকাৰ ইছলা বস্তিত ট্ৰাকৰ মালিকজনে তেওঁৰ ট্ৰাকৰ ওপৰত লিখি ৰখা ফোন নম্বৰৰ ভিত্তিত ট্ৰাকখন চিনাক্ত কৰে যদিও ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ মিলা নাছিল৷ লগে লগে লোকজনে লংকা থানাত উপস্থিত হৈ চুৰি ঘটনাৰ সন্দৰ্ভত লংকা আৰক্ষীক অৱগত কৰে৷ পিছত লংকা আৰক্ষীৰ এটি দল ইছলামবস্তিত উপস্থিত হৈ পথৰ কাষত ৰখাই থোৱা ট্ৰাক খন জব্দ কৰে।ট্ৰাকখন চুৰি কৰি অনা দুই চোৰ ক্ৰমে নেয়াজ মহম্মদ আৰু মহম্মদ আৰিফকো আটক কৰে আৰক্ষীয়ে।হাৰিয়ানাৰ পৰা চুৰি কৰি অনা ট্ৰাকখনত হাৰিয়ানাৰ নম্বৰৰ পৰিবৰ্তে অসমৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰিছিল।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
হাৰিয়ানাৰ চুৰি ট্ৰাক আহি পালে লংকা
https://www.newsnextone.com/theft-arrested-at-lanka-truck/#comments
138
শুক্লাইঃ বিটিএডিৰ ওদালগুৰি জিলাৰ ভূটান সীমান্তৰ ৩৬খন গাঁৱৰ সুৰক্ষা, নিৰাপত্তাক লৈ বিগত কংগ্ৰেছ চৰকাৰে ভেৰগাঁৱৰ নিকটৱৰ্তী খাগ্ৰাবাৰীত স্থাপন কৰিছিল এটি আৰক্ষী চকী।কিন্তু অাজি ৭ বছৰে কোনোধৰণৰ আধুনিকীকৰণে ঢুকি পোৱা নাই খাগ্ৰাবাৰী আৰক্ষী চকীটোক।অতিকৈ স্পৰ্শকাতৰ খাগ্ৰাবাৰী আৰক্ষী চকীত নাই কোনো সা-সুবিধা।নামতহে আৰক্ষী চকী, কিন্তু তাত থকা আৰক্ষী বিষয়া-কনিষ্টবলক লৈ হেতালি কৰিছে উচ্চপদস্থ আৰক্ষী বিষয়াই।৩৬খন গাঁৱৰ দায়িত্বত থকা খাগ্ৰাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই ক'লে নিউজ নেক্সট ৱানৰ সাংবাদিকৰ আগত জনালে দুখ-দুৰ্দশাৰ কথা।খাগ্ৰাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ভূটান সীমান্তৱৰ্তী গাঁৱত সঘনে হত্যাকাণ্ডৰ লগতে চুৰি-ডকাইতি সংঘটিত হয়৷ কিন্তু ঘটনাস্থলীলৈ যাবলৈ নাই এখনো চৰকাৰী বাহন।ফলত ৰাইজৰ পৰা ককৰ্থনা তথা অপদস্থ হৈ আহিছে আৰক্ষী বাহিনী।কোনো দাগী আচামীক ধৰি আনিবলৈ নাই বাহন।যোৱা বিধানসভা নিৰ্বাচনৰ কেইদিনমান পূৰ্বে শুৱলা চাহ বাগিচা তথা কাষৰীয়া অঞ্চলত হিংসাত্মক ঘটনাৰ লগতে হত্যাকাণ্ডও সংঘটিত হৈছিল৷ কিন্তু একমাত্র বাহনৰ অসুবিধাৰ বাবে হত্যাকাৰীক আটক কৰাৰ ব্যৰ্থ হৈছিল আৰক্ষী।বৰ্তমান কিবা ঘটনা ঘটিলে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই কেইবাখনো নৈ পাৰ হৈ নিজৰ স্কুটিখন লৈ ঘটনাস্থলীলৈ যাব লগা হয়।আৰক্ষী অধীক্ষক, মহকুমা আৰক্ষী বিষয়াই খাগ্ৰাবাৰী আৰক্ষী চকীৰ উন্নীতকৰণৰ কোনো ব্যৱস্থা আজিও নল'লে।খাগ্ৰাবাৰী আৰক্ষী চকীৰ বিভিন্ন সমস্যা সমাধানাৰ্থে উপযুক্ত ব্যৱস্থা হাতত ল'বলৈ চৰকাৰক অঞ্চলটোৰ বিভিন্ন দল-সংগঠনে আহ্বান জনাইছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
হায় ৰে হায়! স্কুটী লৈ চোৰ ধৰিবলৈ যায় আৰক্ষী
https://www.newsnextone.com/police-drives-scooti-to-follow-thief-at-btad-area
139
শিবসাগৰ জিলাৰ নাজিৰাত আৰক্ষীয়ে অভিযান চলাই শনিবাৰে নিশা জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ।জানিব পৰা মতে নাজিৰা আৰক্ষীৰ এটা দলে কালি নিশা চিৰাজুল হক নামৰ লোক এজনৰ ভাড়াঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ এই ব্যৱসায়ৰ লগত জড়িত এজন লোকক আৰক্ষীয়ে আটক কৰে।আটকাধীন ড্ৰাগছ ব্যৱসায়ীজনৰ নাম গণেশ বাৰ্মা বুলি জানিব পৰা গৈছে।আৰক্ষী সুত্ৰই জানিবলৈ দিয়া অনুসৰি দীৰ্ঘদিন ধৰি এই লোকজনে চোৰাংভাবে এই ড্ৰাগছৰ ব্যৱসায় চলাই নিছিল।আনহাতে এই অঞ্চলৰ বহুকেইজন যুৱক ড্ৰাগছৰ কবলত পৰি জীৱন ধ্বংস কৰা বুলি স্থানীয় ৰাইজে এক অভিযোগ কৰিছে।আৰক্ষী সুত্ৰই জানিবলৈ দিয়া মতে জব্দ হোৱা ড্ৰাগছ খিনিৰ মূল্য প্ৰায় ১ লাখ টকা।বৰ্তমান সময়ত ধৃত ড্ৰাগছ ব্যৱসায়ীজনক নাজিৰা আৰক্ষীয়ে ড্ৰাগছৰ মূল ঘাটিটোৰ তথ্য উদ্ধাৰৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে
শিৱসাগৰৰ নাজিৰাত আৰক্ষীৰ দ্বাৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ
https://assam.nenow.in/%e0%a6%a8%e0%a6%be%e0%a6%9c%e0%a6%bf%e0%a7%b0%e0%a6%be%e0%a6%a4-%e0%a6%ac%e0%a7%83%e0%a6%b9%e0%a7%8e-%e0%a6%aa%e0%a7%b0%e0%a6%bf%e0%a6%ae%e0%a6%be%e0%a6%a3%e0%a7%b0/
140
নগাঁওঃ নগাঁও জিলাৰ জুৰীয়াত দেওবাৰে পুৱতি নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা।বগুৰিগুৰী গাৱঁৰ প্ৰতিষ্ঠিত মৰাপাট ব্যৱসায়ী ফক্কৰ উদ্দিনৰ ঘৰত সংঘটিত হয় এই ডকাইতিৰ ঘটনা৷ ছয়জনীয়া ডকাইতৰ দলটোৱে ঘৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি লুট পাট চলাই থাকোতে ব্যৱসায়ীজনৰ পত্নী হাপচিনা বেগমে বাধা প্ৰদান কৰাত ডকাইতৰ দলটোৱে বুকুত গুলীয়াই গুৰুতৰ ভাৱে আহত কৰে৷ পিছত ৰাইজে অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে নগাঁও চহৰলৈ লৈ যায় যদিও আদবাটতে তিনি সন্তানৰ মাতৃ হাচপিনাৰ মৃত্যু হয়৷ ডকাইতৰ দলটোৱে ব্যৱসায়ী ফক্কৰৰ ঘৰৰ পৰা লুটি নিয়ে নগদ ধন আৰু আ অলংকাৰ সহ দহ লক্ষাধিক টকাৰ সম্পত্তি৷ আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো অপৰাধীক আটক কৰিবলৈ সক্ষম হোৱা নায়
ডকাইতৰ গুলীত নিহত মহিলা
https://www.newsnextone.com/print/16291
141
চাবুৱাঃ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই বন বিভাগৰ দায়িত্ব লোৱাৰ পিছৰে পৰা তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত ব্যাপক ৰূপত বন বিভাগৰ চকুৰ সন্মুখতে অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেপাৰ।তিনিচুকীয়া ডিব্ৰু নৈ আৰু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি দিনে-নিশাই সৰবৰাহ হৈ আহিছে এতিয়া চোৰাং কাঠৰ শ-শ চালি।অৰুণাচলৰ লগতে বহু অঞ্চলৰ মূল্যৱান গছসমূহ কাটি একাংশ ব্যৱহায়ীয়ে চোৰাং কাঠ সৰবৰাহ কৰি চলাই আহিছে ৰমৰমীয়া ব্যৱসায়।ইফালে ডিব্ৰু চৌখোৱাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগৰ চকুৰ সন্মুখেৰেই শ-শ কাঠৰ চালি সৰবৰাহ হৈ আহিছে।কিন্তু এই সকলোবিলাক দেখিও চকু মুদা কুলিৰ ভাওঁ ধৰে তিনিচুকীয়া, ডিব্ৰুগড় বন বিভাগে।ইফালে এই চোৰাং ব্যৱসায়ীসকলে তিনিচুকীয়া, ডিব্ৰুগড়, চাবুৱা আদি ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধভাৱে গঢ়ি উঠা মিলসমূহত চলাই গৈছে ৰমৰমীয়া ব্যৱসায়।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ডিব্ৰুগড়, তিনিচুকীয়াত চোৰাং কাঠৰ বেহা, কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ
https://www.newsnextone.com/illegal-wood-in-tinsukia-dibrugarh
142
ৰাজ্যখনৰ ৮০০ ৰো অধিক চাহ বাগিচাত কাম কৰা শ্ৰমিক সকলৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ দাবীত বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ ৰাজপথত চাহ শ্ৰমিক মজুৰি পুনৰীক্ষণ দাবী মঞ্চৰ অধীনত প্ৰায় ১০০ চাহ শ্ৰমিকে বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰে।প্ৰতিবাদকাৰী চাহ শ্ৰমিক সকলে চাহ শ্ৰমিক মজুৰি পুনৰীক্ষণ দাবী মঞ্চৰ অধীনত ডিব্ৰুগড় পুৰণা ৰে'লৱে ষ্টেচনৰ পৰা সহ শ্ৰম আয়ুক্ত কাৰ্যালয়লৈকে এক প্ৰতিবাদী শোভাযাত্ৰা কৰে।এই প্ৰতিবাদী শোভাযাত্ৰাৰ পিছত শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ সন্মুখতে প্ৰায় দুঘণ্টা ধৰি বিক্ষোভ প্ৰদৰ্শন কৰে।আনহাতে প্ৰতিবাদকাৰী শ্ৰমিক সকলে বিক্ষোভ কাৰ্যসূচীৰ পিছত মুখ্য মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।য'ত শ্ৰমিক সকলৰ পূৰ্বৰ দিন হাজিৰা ১৩৭ টকা সংশোধনী ঘটাই ইয়াক ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবী জনাইছে।চাহ শ্ৰমিক মজুৰি পুনৰীক্ষণ দাবী মঞ্চৰ সম্পাদক ঘনশ্যাম মুণ্ডাই কয় যে, 'আমি সকলো চাহ শ্ৰমিকক উপযুক্ত নিম্নতম দৈনিক মজুৰি দিবলৈ দাবী জনাইছে যিটো ৩৫০ টকাতকৈ কম হ'ব নোৱাৰিব।এই দৈনিক মজুৰিৰ ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰায় ৩০ লাখ চাহ বাগিচাৰ কৰ্মচাৰীক শোষিত কৰি থকা হৈছে।এই একে ধৰণৰ চাহ শ্ৰমিকক দিন হাজিৰা হিচাপে কেৰেলাত ৩১০ টকা, কৰ্ণাটকট ২৬৩ টকা, টামিল নাডুত ২৪১ টকা দিয়াৰ বিপৰীতে আমাৰ ৰাজ্যত ১৩৭ টকা দিয়া হয়।' ইয়াৰোপৰি মুণ্ডাই চাহ শ্ৰমিক সকলৰ কামৰ সময় সলনি কৰাৰো দাবী জনাইছে।তেওঁ কয় যে, 'বৃটিচৰ দিনতে প্ৰচলিত ব্যৱস্থাই বৰ্তমানো চাহ বাগিচা বিলাকত চলি আছে।আমি চাহ বাগিচা বিলাকত চলি থকা পূৰ্বৰ সময় ৭ বজাৰ পৰা ৪-৩০ বজালৈকে কাম কৰাটো সলনি কৰি ৯ বজাৰ পৰা ৪.৩০ বজালৈকে হোৱাটো বিচাৰো
দৈনিক মজুৰি বৃদ্ধিৰ দাবীত চাহ শ্ৰমিক মজুৰি পুনৰীক্ষণ দাবী মঞ্চৰ বিক্ষোভ
https://assam.nenow.in/%e0%a6%a1%e0%a6%bf%e0%a6%ac%e0%a7%8d%e0%a7%b0%e0%a7%81%e0%a6%97%e0%a7%9c%e0%a6%a4-%e0%a6%a6%e0%a7%88%e0%a6%a8%e0%a6%bf%e0%a6%95-%e0%a6%ae%e0%a6%9c%e0%a7%81%e0%a7%b0%e0%a6%bf-%e0%a6%ac%e0%a7%83/
143
কামপুৰঃ দুৰ্গাপূজাৰ ষষ্ঠী দিনাই নিশা নগাঁৱৰ কঠিয়াতলী চিঙৰাপট্টিত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়৷ জানিব পৰা মতে, নগাঁও দিশৰ পৰা অহা নম্বৰৰ চুইফট ডিজায়াৰখনে নিয়ন্ত্ৰন হেৰুৱাই চাৰি পথচাৰীক প্ৰচণ্ড জোৰে খুন্দা মাৰে৷ দূৰ্ঘটনাটোৰ ফলত জামাল উদ্দিন নামৰ পথচাৰীজন থিতাতে নিহত হোৱাৰ লগতে আন তিনিজন পথচাৰী গুৰুতৰ ভাৱে আহত হয়৷ গুৰুতৰভাৱে আহত নেকিবুৰ হুচেইন, ফৰিদূল ইছলাম আৰু চফিকুল ইছলামক পাছত উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হয়৷ আনহাতে দূৰ্ঘটনা সংঘটিত কৰা গাড়ীখন স্থানীয় একাংশ লোকে ভাঙি চুৰমাৰ কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
নগাঁও কঠিয়াতলীত ভয়ংকৰ পথ দূৰ্ঘটনা, নিহত ১
https://www.newsnextone.com/accident-in-kampur-one-died/#comments
144
তেজপুৰঃ তেজপুৰ চহৰৰ গ্ৰামাঞ্চলত ক্ৰমশ ভাৱে দেশীয় সুৰাৰ প্ৰচলন।তেজপুৰ আৱকাৰী বিভাগ আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই এ এচ ১২ এন ৬০২৮ নম্বৰৰ মাৰুতি ভানৰ পৰা বেচেৰিয়া পূখুৰিয়া বিক্ৰী কৰিবলৈ নিয়াৰ কালত তালাচী চলাই বৃহৎ পৰিমানৰ দেশী চুলাই মদ জব্দ কৰে৷ লগতে সুনিল নাথ নামৰ লোক এজনকো আটক কৰে আৰক্ষীয়ে।লোক জনৰ পৰা উদ্ধাৰ কৰা চুলাই মাৰুতি ভেন যোগে দীৰ্ঘ অবৈধ ভাৱে বেহা চলাই আহিছে বুলি জানিব পৰা গৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
তেজপুৰত মাৰুতি ভেনসহ দেশী সুৰা জব্দ
https://www.newsnextone.com/desi-wine-seized-in-tejpur/#comments
145
টিংখাংঃ ৰাজ্য চৰকাৰৰ উন্নয়নৰ মন্ত্ৰই ঢুকি নাপায় বহু অঞ্চল৷ ডিব্ৰুগড় জিলাৰ ১১৯ নং টিংখাং বিধান সভা সমষ্টিতো তাৰেই ৰূপ প্ৰতিফলন ঘটে৷ সমষ্টিটোৰ চাৰেংপথাৰ-শুকানী, শল'গুৰি সংযোগী পথৰ ডিকচাম নৈৰ ওপৰৰ থকা ধলং-পলং বাঁহৰ দলং খনে সুদীৰ্ঘকালে অঞ্চলবাসীক যমৰ যান্ত্ৰণা ভুগাই আহিছে।উন্নয়নৰ ঢাক-ঢোল বজোৱা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনৰ উন্নয়নৰ নমুনা উদঙাই এতিয়াও বাঁহৰ দলঙেৰে চলি আছে যাতায়ত ব্যৱস্থা৷ বাৰিষা আহিলেই ডিকাচাম নৈৰ বাঢ়নী পানীয়ে দলংখন উটুৱাই লৈ যোৱাৰ ফলত যাতায়ত ব্যহত হৈ পৰে৷ কৃষি আৰু হাজিৰা কৰি কোনোমতে চলি থকা অঞ্চলটোৰ ৰাইজে খৰালি পৰিলে পুনৰ গাঁঠিৰ ধন খৰচ কৰি দলংখন মেৰামতি কৰে৷ আনহাতে বাঁহৰ দলঙেৰে তিনি চাৰিকীয়া বাহন পাৰ হ'ব নোৱাৰাত অঞ্চলটোৰ সংকটজনক ৰোগীক চিকিৎসালয়লৈ নিবৰ বাবে ঠেলাগাড়ীয়ে সাৰথি কৰি লব লগা হয়৷ উল্লেখ্য যে, অঞ্চলটোৰ ভুক্তোভূগী ৰাইজে দলংখন নিৰ্মানৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন জনায় যদিও বিভাগীয় কৰ্তৃপক্ষই বিষয়টোৰ ওপৰত কোনো গুৰুত্ব নিদিয়া বুলি ৰাইজে অভিযোগ উত্থাপন কৰে৷ নিৰ্বাচনৰ আগে আগে সকলো দল আৰু প্ৰতিনিধিয়ে ৰাইজৰ আগত দলংখন নিৰ্মান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও নিৰ্বাচনত জয় লাভৰ পিছত ভুক্তোভূগী ৰাইজৰ খবৰ লবলৈকো কোনো নেতা-প্ৰতিনিধি অঞ্চলটোত উপস্থিত নহয় বুলিও ক্ষোভ উজাৰে অঞ্চলটোৰ ৰাইজে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
হায় উন্নয়ন! ধলং-পলং বাঁহৰ দলং
https://www.newsnextone.com/bambo-bridge-tingkhang
146
লালুক/লখিমপুৰঃ নীপকো আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে লখিমপুৰত প্ৰতিবাদ অব্যাহত আছে৷ নীপকোৱে জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰা অতিৰিক্ত পানীয়ে জিলাখনৰ হেজাৰ হেজাৰ পৰিয়ালত গৃহহীন কৰিছিল৷ পলকতে উটুৱাই নিছিল ঘৰ-বাৰী৷ সমস্ত হেৰুৱাই জিলাখনৰ লোকসকলে হাহাকাৰ কৰিব লগা হৈছে৷ নীপকো তথা ৰাজ্য চৰকাৰে অসহায় লোকসকলক সাহায্য নিদিয়াৰ অভিযোগ উত্থাপন কৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে নীপকো আৰু এন এইচ পি চিৰ বিৰুদ্ধে আমছুৱে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে বৃহৎ নদী বান্ধ বন্ধ কৰাৰ দাবীত আৰু এন এইচ পি চি আৰু নীপকোৰ বিষয়া-কৰ্মচাৰীক শাস্তি প্ৰদানৰ দাবীত কেইবা শতাধিক লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ বৃহৎ নদী বান্ধ বন্ধ কৰক, এন এইচ পি চি গ' বেক, নীপকোৰ বিৰুদ্ধে শাস্তি মূলক ব্যৱস্থা লওক, বানত ক্ষতি গ্ৰস্তক সাহা্য প্ৰদান কৰক, বানত নিহত পৰিয়ালক এককালীন সাহা্য দিয়ক, বানত গৃহহাৰা হোৱা লোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, নীপকোৰ মইমতালি নচলিব আদি শ্ল'গানেৰে লখিমপুৰ নগৰ উত্তাল কৰে সংগঠনটোৱে৷ লখিমপুৰ জিলা আমছুৰ সভাপতি ৰাজু ৰহমান, সাধাৰণ সম্পাদক বদিউৰ ৰহমানে স্বাক্ষৰিত স্মাৰক পত্ৰ জিলা উপায়ুক্তক প্ৰদান কৰে সংগঠনটোৱে৷
বান সাহায্য, লখিমপুৰত আমছুৰ প্ৰতিবাদ
https://www.newsnextone.com/print/4837
147
তেজপুৰ, অপুৰ্ব বৰাঃ আদিবাসী সকলক নিজৰ অধিকাৰৰপৰা বঞ্চিত কৰি অহাটো অসমত ডাঙৰ কথা নহয়৷ বিদেশী ইংৰাজৰ দিনৰ পৰাই শোষণ-শাসন, নিষ্পেষণৰ বলি হৈ অহা আদিবাসী সকলে নিজৰ অধিকাৰৰ বাবে জংগী আন্দোলন কৰিব লগা হৈছে৷ শুকুৰবাৰে তেজপুৰত থকা উপাযুক্ত কাৰ্যলয়ত ধৰ্ণা কায্যসুচী পালন কৰে আদিবাসী সকলৰ উমৈহতীয়া মঞ্চৰ শোনিতপুৰ জিলা সমিতিয়ে।প্ৰতিবাদকাৰীসকলে চৰকাৰে আদিবাসী সকলক প্ৰাপ্যৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কাৰ্যকৰি নকৰাত আদিবাসী সকল ক্ষোভিত হৈ বিদ্ৰোহ কৰি নিজ অধিকাৰ বিচাৰিব লগা হৈছে বুলিও মন্তব্য কৰে৷ ইংৰাজ গ'ল, দেশ স্বাধীন হ'ল, কিন্তু আমাৰ ৰাজ্যৰ আদিবাসী সকলে আজিও ন্যায় লাভ নকৰিলে৷ একঠা মাটিৰ পট্টাৰ বাবে আন্দোলন কৰিব লগা হৈছে চাহ শ্ৰমিক সকলে৷ আদিবাসী সকলৰ অধিকাৰৰ লগতে মাটিৰ পট্টা দিয়াৰ দাবী উত্থাপন কৰি অহাৰ সময়তে এইবাৰ অসমৰ আদিবাসী সকলে অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে৷ কালি তেজপুৰ চহৰত শোনিতপুৰ জিলাৰ কেইবা হাজাৰ আদিবাসী সকলে নিজৰ দাবী সমুহ উত্থাপন কৰি ধৰ্ণা দি স্মাৰক পত্ৰ প্ৰদান কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
তেজপুৰত আদিবাসী সকলক মাটিৰ পট্টাৰ প্ৰদানৰ দাবীত ধৰ্ণা
https://www.newsnextone.com/tezpur-adibasi-protest/#comments
148
নলবাৰীঃ নলবাৰী জিলাৰ প্ৰাক্তন ছাত্ৰ নেতা, সমাজকৰ্মী প্ৰসন্ন কলিতাক দেওবাৰে এখন সভা অনুষ্ঠিত কৰি ৰাইজে স্মৰণ কৰে৷ নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী চহৰৰ সমীপৰ সন্ধা যুৱক সংঘৰ বাকৰিত স্মৃতিচাৰণ তথা সোৱঁৰণী গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়৷ প্ৰয়াত কলিতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে তেওঁৰ পত্নী অঞ্জু কলিতাই আৰু বন্তি প্ৰজ্বলন কৰে ছাত্ৰ নেতা ভবজিত বেজবৰুৱা আৰু অতুল কলিতাই।নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিলকমল বৰ্মনে আতঁধৰা অনুষ্ঠানত প্ৰাক্তন প্ৰয়াত ছাত্ৰ নেতা কলিতাক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে।নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰন্থখন উন্মোচন কৰে শিক্ষাবিদ ডঃ বীৰেন কুমাৰ চক্ৰবৰ্ত্তীয়ে।সভাত আছুৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হিমান বৰ্মন, অসম উন্নতি সভাৰ অমিয় বৰ্মন, প্ৰাক্তন ছাত্ৰ নেতা নগেন ডেকা, জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক উদয় বৰ্মন, ছাত্ৰ নেতা শশাংক দত্ত, কমলা তালুকদাৰ, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজৌতি পাঠক আৰু সাধাৰণ সম্পাদক অক্ষয় ডেকা উপস্থিত থাকে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
প্ৰাক্তন ছাত্ৰ নেতা প্ৰসন্ন কলিতাক স্মৰণ
https://www.newsnextone.com/prasanna-kalita-nalbari/#comments
149
প্ৰতীকি ফটো । নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ আলিটাঙনীৰ সমীপৰ জামুগুৰি নিবাসী নুৰুজামান নামৰ ব্যক্তি এগৰাকীৰ ঘৰৰ পৰা বৃহস্পতিবাৰে নিশা একেখন গাঁৱৰে বাহাৰুল ইছলাম নামৰ এটা গভাইত চোৰে এটা ১৬ হাজাৰ টকীয়া মোবাইল হেণ্ডচেট চুৰি কৰি লৈ যায় যদিও শুকুৰবাৰে দুপৰীয়া গোপন খবৰৰ ভিত্তিত চোৰটোক আটক কৰিবলৈ সক্ষম হয়।চোৰটোৱে চুৰি কৰা কথা নিজ মুখে স্বীকাৰ কৰাৰ লগতে পূৰ্বেও এনে বহু চুৰি কাণ্ড সংঘটিত কৰা বুলি প্ৰকাশ কৰে।উল্লেখ্য যে, জুৱা খেলিবলৈ ধনৰ নাটনি হোৱাৰ বাবেই এনেদৰে মোবাইলটো চুৰি কৰিছিল চোৰটোয়ে।নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বহু অঞ্চলত অবাধে জুৱা খেল দীৰ্ঘদিনৰে পৰা চলি থকাৰ বাবেই চুৰি-ডকাইতি কাণ্ড বেছিকৈ সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
নগাঁৱৰ জামুগুৰিত মোবাইল চোৰ আটক
https://www.newsnextone.com/thief-nogaon/#comments
150
তেজপুৰ, অপূৰ্ব বৰা তেজপুৰ: বৰ্তমান অসমীয়া ছবি গৃহ সমুহ উপযুক্ত প্ৰযুক্তি বিদ্যাৰ অভাৱত প্ৰায় বোৰেই বন্ধ হৈ যোৱাৰ উপসম হৈছে।তেজপুৰত নতুন ছবিগৃহ স্থাপন কৰি অসমীয়া ছবি সমূহক অধিক আগ্ৰহী কৰিছে৷ এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ।মঙলবাৰে তেজপুৰত নৱনিৰ্মিত ছবি গৃহৰ শুভাৰাম্ভ কৰি হাজৰিকাই কয় যে অসমীয়া ছবি গৃহ নিৰ্মাণৰ লগে লগে অসমীয়া ছবিৰ দৰ্শকৰ সংখ্যা বাঢ়িব।এই ক্ষেত্ৰত অসমীয়া ছবি উপভোগৰ পৰিৱেশ সৃষ্টি কৰিব বুলি মন্তব্য কৰে।আজি তেজপুৰ চহৰৰ মাজমজিয়া অত্যাধুনিক ছবি গৃহ তেজপুৰৰ ব্যৱসায়ী জিতেন্দ্ৰ আগৰৱালা ৰাইজৰ বাবে মুকলি কৰি দিয়া উদ্ধোধনী অনুষ্ঠানত তেজপুৰৰ বহুকেইজন জ্যেষ্ঠ নাগৰিকে ভাগ লয়।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
তেজপুৰত ছবি গৃহ মুকলি কৰিলে জ্যেষ্ঠ বিধায়ক পদ্ম হাজৰিকাই
https://www.newsnextone.com/tezpur-cinema-hall-19
151
ডিজিটেল ডেস্কঃ নীল আমষ্ট্ৰঙে চন্দ্ৰলৈ শিল-বালিৰ নমুনা অনাৰ বাবে নিয়া বেগটো বিক্ৰী হৈছে ১১ কোটি ৫৭ লাখ, ৯৮ হাজাৰ ৫০০ টকাত।চন্দ্ৰৰ পৰা নমুনা সংগ্ৰহৰ বেগটো যোৱা সপ্তাহত নিলামৰ বাবে মুকলি কৰা হৈছিল।প্ৰথম চন্দ্ৰত খোজ দিয়াৰ ৪৮ তম বাৰ্ষিকী বৃহস্পতিবাৰে সম্পুৰ্ণ হোৱাৰ সময়তে এই নিলাম কৰা হয়।বেগটো বহুবছৰ ধৰি হাউষ্টনৰ জনচন স্পেচ চেণ্টাৰত এটা বাকচত সংৰক্ষণ কৰি থোৱা আছিল।নিলামত ২ ৰপৰা ৪ মিলিয়নলৈ দাম উঠিব বুলি আশা কৰিছিল উদ্যোক্তাই।১৯৬৯ চনৰ জুলাই মাহৰ সেই ঐতিহাসিক দিনটোত নীল আমষ্ট্ৰঙৰ সৈতে ১১ জন সদস্য আছিল অভিযানত।১২ ইঞ্চি দীঘল আৰু ৮.৫ ইঞ্চি বহল বেগটোত 'লুনাৰ চেম্পল ৰিটাৰ্ণ' বুলি লিখা আছে।অৱশ্যে মহাকাশ ইতিহাসৰ সৈতে জড়িত সামগ্ৰী এটা সংগ্ৰাহলয়ত ৰখাৰ পৰিৱৰ্তে এনেদৰে নিলামত দিয়াৰ বাবে সমালোচনা কৰিছে বহুতে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
এটা সৰু বেগ, বিক্ৰী হ'ল ১১ কোটিত
https://www.newsnextone.com/lunar-bag-sold-at-1-8-milllion
152
টীয়কঃ ভাৰতীয় ষ্টেট বেংকৰ টীয়ক শাখাৰ হস্পিতাল তিনি আলিত অৱস্থিত সংঘটিত এক কাৰ্ড চুৰিৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।যোৱা ১৩ ছেপ্টেম্বৰৰ বিয়লি ভাগত হোৱা ঘটনাটোত দুগৰাকী ব্যক্তিৰ লক্ষাধিক টকা চোৰে পৰা উলিয়াই নিবলৈ সক্ষম হয়।জানিব পৰা মতে, কুন্তী হাজৰিকা নামৰ এগৰাকী মহিলাই উক্ত টকা উলিয়াবলৈ গৈ উলিয়াব পৰা নাছিল।তাৰ পিছত তেওঁক সহায় কৰিবলৈ তাত আগৰ পৰাই উপস্থিত এজন ব্যক্তি আগবাঢ়ি আহি টকা উলিয়াই দিয়ে আৰু কৌশলেৰে খন সলাই এখন বিকল কাৰ্ড অশিক্ষিত মহিলাগৰাকীক দি থৈ যায়৷ সম্প্ৰতি এক লাখ ষাঠি হাজাৰ টকা চুৰ কৰি লৈ যাবলৈ সক্ষম হয় প্ৰৱঞ্চকে।একে দিনাই উক্ত অনুৰূপ ধৰণেৰে আন এগৰাকী মহিলাও প্ৰৱঞ্চকৰ চিকাৰ হয়।গগৈ উপাধিৰ মহিলা গৰাকীৰ একাউণ্টৰ পৰাও চোৰে দুই লাখ টকা লৈ উধাও হয়।ইফালে, এই লুণ্ঠনৰ ঘটনা দুটা শনিবাৰে পোহৰলৈ অহাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ সম্প্ৰতি টীয়কৰ আৰক্ষীযে পৃথক পৃথক দুটা গোচৰ ওপৰত ভিত্তিত তদন্ত আৰম্ভ কৰিছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
টীয়কত ATM কাৰ্ড চুৰি কৰি নি ধন আত্মসাৎ, নিজৰ অসাৱধানতাৰ বলী হৈছে গ্ৰাহক
https://www.newsnextone.com/atm-card-blackmail-tiyok
153
নাওকাটাঃ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ প্ৰভু আগৰৱালাৰ অধীনত নিৰ্মাণ হৈ থকা বগামাটি-বাইহাটা পথত অব্যাহত আছে শিল-বালি কঢ়িওৱা তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্য।আজি দিনৰ ভাগত বৰনদীৰ পৰা শিল-বালি কঢ়িয়াই অনা এছ ০১-এফচি-২৯৬৪ নম্বৰৰ তীব্ৰবেগী ডাম্পাৰে বাগসাৰ বাঙালীপাৰাত এখন ব্যৱসায়িক প্ৰতিষ্ঠানত খুন্দিয়াই লণ্ড-ভণ্ড কৰাৰ লগতে কথমপি প্ৰাণৰক্ষা পৰে স্বত্বাধিকাৰী জয়কুমাৰ শৰ্মাৰ।শৰ্মাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ডাম্পাৰখন সোমাই যোৱাৰ লগতে গেলামাল দোকানখনত থকা বিভিন্ন সা-সামগ্ৰীও নষ্ট কৰি পেলায়।দীৰ্ঘদিন ধৰি সৰ্বসাধাৰণ লোকৰ সমস্যাৰ প্ৰতি পিঠি দি নিজ খেয়াল-খুচিমতে কাম কৰি অহা ঠিকাদাৰগৰাকীৰ শেহতীয়া কৰ্মকাণ্ডই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।তদুপৰি পথ নিৰ্মাণৰ নামতো ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
বাগসাত ডাম্পাৰে লণ্ড-ভণ্ড কৰিলে ব্যৱসায়, কথমপি প্ৰাণৰক্ষা
https://www.newsnextone.com/accident-in-baksa
154
বেজেৰাঃ কামৰূপ গ্ৰাম্য জিলাৰ চাংসাৰি থানাৰ অন্তৰ্গত চাংসাৰিৰ নিকটৱৰ্তী ডোৰা-কহৰাত সংঘটিত এক পথ দুৰ্ঘটনাত ৪জনকৈ লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।প্ৰাপ্ত বাতৰি মতে, সন্ধিয়া প্ৰায় ৬ মান বজাত বাইহাটা চাৰিআলিৰ পৰা গুৱাহাটী অভিমুখী এএছ ০১ বিপি ৭৯২৬ নম্বৰৰ হোন্দাই আই টেন গাড়ী এখন নিয়ন্ত্ৰণ হেৰুৱাই ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত দ খাৱৈত বাগৰি পৰে।কহৰাৰ সেনা ছাউনীৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা সৰু দলঙৰ পৰা ২৫ ফুট মান দ খাৱৈ এটাত তীব্ৰবেগী আই টেন গাড়ীখন পৰি যোৱাত গাড়ীখনৰ যথেষ্ট ক্ষতিসাধন হোৱাৰ লগতে গাড়ীৰ ভিতৰত থকা চাৰি আৰোহীৰ কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়।গাড়ীখনৰ আগফালে থকা ড্ৰাইভাৰ আৰু মহিলা এগৰাকীৰ আঘাত কিছু গুৰুতৰ হোৱাৰ বিপৰীতে পিছত থকা দুজনৰ আঘাত কিছু লঘু বুলি প্ৰত্যক্ষদৰ্শীসকলে জানিবলৈ দিছে।দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে সেনা আৰু গাঁওবাসীয়ে মিলি আৰোহী কেইজনক দ খাৱৈত পৰি থকা গাড়ীখনৰ পৰা উদ্ধাৰ কৰি আমিনগাঁৱৰ নাৰায়ণা হাস্পতাললৈ প্ৰেৰণ কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
চাংসাৰিত ২৫ ফুট দ খাৱৈত বাগৰিল আই টেন
https://www.newsnextone.com/i-ten-accident-at-changsari
155
অলকেশ বায়ন, বৰপেটাৰোড "ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ এক ৰাষ্ট্ৰীয় কৰ্তব্য ৷ কিয়নো ইয়াৰ ওপৰতেই নিৰ্ভৰ কৰিছে অসম তথা দেশৰ ভৱিষ্যত্৷" এই মন্তব্য বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ৷ আজি বৰপেটাৰোড আৰক্ষী থানাৰ উদ্যোগত বৰপেটাৰোড সাহিত্য সভা ভৱনত আয়োজিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সজাগতা সভাত অংশগ্ৰহণ কৰি তেওঁ লগতে কয় যে জিলাখনত ১৭৮ টা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সেৱা কেন্দ্ৰৰ জৰিয়তে প্ৰায় চাৰি হাজাৰ বিষয়া-কৰ্মচাৰী অতি নিষ্ঠা আৰু সততাৰে নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কামত নিয়োজিত হৈ আছে৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত আৰু দেশৰ নাগৰিকপঞ্জীৰ নীতি-নিয়মৰ অধীনত কাম-কাজ চলি আছে৷ সেয়ে কোনো প্ৰকৃত ভাৰতীয়ৰ নাম নাগৰিকপঞ্জীৰ পৰা বাদ পৰাৰ সম্ভাৱনা নাই৷ অৱশ্যে একাংশ লোকে উপযুক্ত নথি-পত্ৰ সময়মতে দাখিল কৰিব নোৱৰাৰ বাবে বাদ পৰিলেও পৰৱৰ্তী সময়ত তেওঁলোককো দাখিল কৰাৰ সুযোগ দিয়া হ'ব৷ সেয়ে তেওঁ কোনোলোককে এই সম্পৰ্কত ভীতিগ্ৰস্ত বা শংকিত নহ'বলৈ আহ্বান জনায় ৷ সভাত আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই অংশগ্ৰহণ কৰি কয় যে বৰ্তমান একাংশ প্ৰতিক্ৰিয়াশীল চক্ৰই মানুহৰ মাজত উৰাবাতৰি আৰু ভুৱা বাতৰি পৰিৱেশন কৰি পৰিস্থিতি অৱনতি ঘটাব বিচাৰিছে৷ এইসকলৰ ওপৰত আৰক্ষীয়ে চকু ৰাখিছে৷ আন একাংশই ইয়াৰ বাবে ছচিয়েল মিডিয়াক ব্যৱহাৰ কৰিবলৈ বিচাৰিছে৷ তেনে ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি কেইজনমানক ইতিমধ্যে জে'ললৈ প্ৰেৰণ কৰিছে৷ সেয়ে প্ৰতিক্ৰিয়াশীল চক্ৰৰ বিৰুদ্ধে ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাই এইক্ষেত্ৰত আৰক্ষীক সহযোগ কৰিবলৈ আহ্বান জনায় ৷ বৰপেটাৰোড পৌৰসভাৰ উপ-সভাপতি ফুলেল দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰীয়ে নাগৰিকপঞ্জীৰ বিভিন্ন দিশত বিস্তৃত বক্তব্য আগবঢ়ায়৷ বৰপেটাৰোড অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ তিনি শতাধিক প্ৰতিনিধি উপস্থিত থকা সজাগতা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মানস শইকীয়াই আৰু আদৰণি ভাষণ দিয়ে বৰপেটাৰোড থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত্ বৰুৱাই ৷ বৰপেটাৰোড পৌৰসভাৰ সভানেত্ৰী সবিতা দেৱনাথ, গোপীনাথ বৰদলৈ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ভূপালী চৌধুৰী, এন আৰ চিৰ জিলা প্ৰকল্প পৰ্যবেক্ষক এনি সিংহা বিশিষ্ট অতিথি হিচাবে উপস্থিত থকা সভাখনিত শলাগৰ শৰাই আগবঢ়ায় সাংবাদিক জয়ন্ত কুমাৰ দাসে৷
বৰপেটাৰোডত নাগৰিকপঞ্জীৰ সজাগতা সভা
https://janambhumi.in/VFdwSk1rMVVhejA9/%E0%A6%AC%E0%A7%B0%E0%A6%AA%E0%A7%87%E0%A6%9F%E0%A6%BE%E0%A7%B0%E0%A7%8B%E0%A6%A1%E0%A6%A4-%E0%A6%A8%E0%A6%BE%E0%A6%97%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%AA%E0%A6%9E%E0%A7%8D%E0%A6%9C%E0%A7%80%E0%A7%B0-%E0%A6%B8%E0%A6%9C%E0%A6%BE%E0%A6%97%E0%A6%A4%E0%A6%BE-%E0%A6%B8%E0%A6%AD%E0%A6%BE.html
156
জনমভূমি গুৱাহাটী অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে মুঠ ৭গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে৷ উপ-সভাপতি আৰু সাধাৰণ সম্পাদক পদৰ বাবে চাৰিগৰাকীকৈ মুঠ ১৫গৰাকীয়ে নির্বাচন সমিতিৰ ওচৰত মনোনয়ন দাখিল কৰে৷ মনোনয়ন প্র-পত্র জমা দিয়াৰ আজি অন্তিম দিন আছিল৷ কালি পর্যন্ত ৭গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছিল আৰু আজি ৮গৰাকীয়ে মনোনয়ন দাখিল কৰে৷ অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে ক্রমে ড০ বসন্ত কুমাৰ গোস্বামী, প্রহ্লাদ চন্দ্র তাছা, ড০ কৰবী ডেকা হাজৰিকা, সূর্যকান্ত হাজৰিকা, পখিলা কলিতা, ড০ জয়শ্রী গোস্বামী মহন্ত আৰু কুলধৰ শইকীয়াই মনোনয়ন দাখিল কৰিছে৷ উপ- সভাপতি পদৰ বাবে ড বসন্ত কুমাৰ শর্মা, পদুমী গগৈ, মৃণালিনী দেৱী আৰু ৰতিমোহন নাথে৷ প্রধান সম্পাদকৰ বাবে হৰেন্দ্র কলিতা, যাদৱ চন্দ্র শর্মা, পদুম ৰাজখোৱা আৰু দেৱজিৎ বৰাই সাহিত্য সভাৰ গুৱাহাটী কার্যালয়ত সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ উপস্থিতিত মুখ্য নির্বাচন বিষয়া তথা অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা, নির্বাচন সমিতিৰ আন দুজন সদস্য ক্রমে সিংহেশ্বৰ প্রসাদ ৰায় আৰু বিজন মহাজনৰ হাতত মনোনয়ন দাখিল কৰে৷ নির্বাচন কমিটীৰ সদস্য বিজন মহাজনে জানিবলৈ দিয়ে যে অহা ৭ অক্টোবৰৰ ভিতৰত প্রার্থীসকলে দিনৰ এঘাৰ বজাৰ পৰা ২ বজাৰ ভিতৰত মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব৷ ১ অক্টোবৰৰ পৰা ১৫ অক্টোবৰৰ ভিতৰত মনোনয়ন প্র-পত্রসমূহ নির্বাচন কমিটীয়ে পৰীক্ষা কৰি প্রার্থীৰ তালিকা ঘোষণা কৰিব৷ ইফালে, যোৰহাটত থকা চন্দ্র কান্ত সন্দিকৈ ভৱন সুৰক্ষিত কৰি ৰখাৰ স্বার্থত যোৰাহট জিলা সাহিত্য সভা আৰু অন্যান্য জিলাৰ শুভাকাংখীৰ অনুৰোধ ৰক্ষা কৰি প্রধান সম্পাদকৰ পদৰ বাবে মনোনয়ন প্র-পত্র দাখিল নকৰিলে বুলি লেখক, সাংবাদিক হূদয়ানন্দ গগৈয়ে এটা বিবৃতিত উল্লেখ কৰিছে৷ তেওঁ উল্লেখ কৰে যে চন্দ্রকান্ত সন্দিকৈ ভৱনৰ অস্তিত্ব নিঃশেষ কৰাৰ বাবে এক গোপন ষড়যন্ত্র চলিছে৷ চন্দ্রকান্ত সন্দিকৈ ভৱনক লৈ চলা নিকৃষ্ট ৰাজনীতি যাতে কোনোৱে কৰিব নোৱাৰে তাৰ বাবে জিলা সাহিত্য সভাই যোৰহাটৰ এজন প্রধান সম্পাদকক নির্বাচিত কৰিবলৈ আহবান জনাইছিল৷ এই আহবানৰ প্রতি সঁহাৰি জনাই মনোনয়ন-পত্র সংগ্রহ কৰাৰ পাছতো মনোনয়ন দাখিল নকৰিলে বুলি উল্লেখ কৰে হূদয়ানন্দ গগৈয়ে৷
সাহিত্য সভাৰ সভাপতি পদৰ বাবে ৭গৰাকীৰ মনোনয়ন দাখিল
https://janambhumi.in/VFhwVmVVNTZTVDA9/en/VFhwVmVVNTZTVDA9/%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF-%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A7%B0-%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A6%AA%E0%A6%A4%E0%A6%BF-%E0%A6%AA%E0%A6%A6%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%87-%E0%A7%AD%E0%A6%97%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%80%E0%A7%B0-%E0%A6%AE%E0%A6%A8%E0%A7%8B%E0%A6%A8%E0%A7%9F%E0%A6%A8-%E0%A6%A6%E0%A6%BE%E0%A6%96%E0%A6%BF%E0%A6%B2.html.html
157
ৰাজ্যখনৰ ৫,৯২৪ গৰাকী ঠিকাভিত্তিক হাইস্কুল শিক্ষকৰ পাঁচমাহৰ দৰমহা ৰাজ্য চৰকাৰে মুকলি কৰি দিয়া নাই।যোৱা মাৰ্চ মাহৰ পৰা জুলাই মাহলৈকে এই পাঁচমাহৰ দৰমহা চৰকাৰে মুকলি কৰি নিদিয়াৰ ফলত শিক্ষকসকলে চৰম দুৰ্দশা ভোগ কৰিবলগীয়া হৈছে।সদৌ অসম মাধ্যমিক ঠিকাভিত্তিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক মহীধৰ কলিতাই শনিবাৰে দিচপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেলত এইকথা প্ৰকাশ কৰে।কলিতাই জানিব দিয়ে যে তেওঁলোকৰ প্ৰাপ্য দৰমহাৰ দাবীত যোৱা ২৯জুনত সংস্থাৰ এটা প্ৰতিনিধি দলে মুখ্য মন্ত্ৰী সোণোৱালক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ দাখিল কৰিছিল।মুখ্য মন্ত্ৰীয়ে তেওঁলোকক শীঘ্ৰে দৰমহা মুকলি কৰি দিয়াৰ আশ্বাস দিছিল যদিও সেই আশ্বাস আজিলৈকে পূৰণ নহ'ল।কলিতাই লগতে জানিবলৈ দিয়ে যে তেওঁলোকৰ প্ৰাপ্য দৰমহা মুকলি কৰি দিয়াৰ দাবী লৈ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক সাক্ষাৎ কৰিবলৈ তেওঁৰ দিচপুৰৰ চৰকাৰী বাসভৱনলৈ গৈছিল যদিও শিক্ষা মন্ত্ৰীয়ে কোনো কথা শুনিব নিবিচাৰিলে আৰু তেওঁলোকক অপমান কৰিহে পঠিয়ায়।উল্লেখ্য যে ঠিকাভিত্তিক উক্ত শিক্ষকসকলৰ ঠিকাৰ ম্যাদ ২৯ ফেব্ৰুৱাৰিতে উকলি যায় যদিও চৰকাৰে যোৱা ১২ জুনতহে তেওঁলোকৰ চাকৰিৰ ম্যাদ এবছৰলৈ বৃদ্ধি কৰে।বিগত পাঁচ মাহে দৰমহাৰ পৰা বঞ্চিত ঠিকাভিত্তিক শিক্ষকসকলে অহা ২ আগষ্টৰ পৰা ৪ দিন প্ৰতিখন জিলাতে সৰ্বাত্মক শ্ৰেণী বৰ্জন আৰু জিলা উপায়ুক্ত কাৰ্যালয়, বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে অহা ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱস বৰ্জন কৰি গুৱাহাটীত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰিব বুলি জানিব দিয়ে
পাঁচমাহে দৰমহাৰ পৰা বঞ্চিত ৰাজ্যখনৰ ৫,৯২৪ গৰাকী হাইস্কুল শিক্ষক
https://assam.nenow.in/deprive-from-salary-for-five-months-the-conractual-teachers-ready-to-protest/
158
চিচিবৰগাঁওঃ ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত যুৱ-ছাত্ৰ পৰিষদৰ কেইবাগৰাকী প্ৰাৰ্থী বিজয়ী হয়৷ যুৱ ছাত্ৰ পৰিষদৰ সমৰ্থিত সাধাৰণ সম্পাদক পদত মৌচুম বৰগোহাঞি সাংস্কৃতিক সম্পাদিকা হেপী গগৈ আৰু আলোচনী সম্পাদক হিচাপে দিচাংকৰ দিহিঙীয়াই বিপুল ভোটত জয় লাভ কৰিবলৈ সক্ষম হয়।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত বিজয়ী প্ৰাৰ্থীসকলক সম্বৰ্ধনা জনাই সংগঠনটোৱে।সম্বৰ্ধনা অনুষ্ঠানত জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰিয়াংকু চুতীয়া, উপদেষ্টা নৃপেন ভিতৰুৱাল কোৱঁৰ, সাংস্কৃতিক সম্পাদক পুলেন দাস, জিলা কাৰ্যনিৰ্বাহক দুলেশ্বৰ বাইলুং আৰু সদৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক দেৱজিৎ চুতীয়া উপস্থিত থাকে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ছাত্ৰ একতা সভা যুৱ-ছাত্ৰ পৰিষদৰ দখলত
https://www.newsnextone.com/school-union-ele-ajycp-win/#comments
159
কলিয়াবৰঃ কাৰ্বি আংলঙৰ ডকমকাত ছচিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ হোৱাৰ পিছত এচাম দুষ্কৃতিকাৰীয়ে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপাধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰা ঘটনাৰ প্ৰতিবাদ অব্যাহত আছে৷ নগাঁও জিলাৰ কলিয়াবৰত সোমবাৰে কলিয়াবৰ মহাবিদ্যালয়ৰ কেইবাশতাধিক ছাত্ৰ-ছাত্ৰীয়ে মৌন সমদল উলিয়াই৷ মৌন সমদল উলিয়াই নিলোৎপল-অভিজিতক হত্যাকাণ্ডৰ ন্যায় বিচাৰে যুৱক-যুৱতীসকলে৷ ৩৭ন ৰাষ্ট্ৰীয় ঘাইপথৰ কুঁৱৰীটোলৰ পৰা মহকুমাধিপতি কাৰ্যালয়লৈ মৌন সমদল উলিয়াই নৃশংস হত্যাকাণ্ডৰ সৈতে জড়িত লোকসকলৰ গোচৰৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত কৰি শাস্তি প্ৰদান কৰাৰ লগতে শিল্পী দুজনক শ্বহীদ ঘোষণা কৰাৰ দাবী জনায় ছাত্ৰ-ছাত্ৰীসকলে৷ কাৰ্বি আংলঙৰ উপায়ুক্তক নিলম্বন কৰাৰ লগত ঘটনাস্থলিত যিগৰাকী আৰক্ষীয়ে মোবাইলত দৃশ্য সংগ্ৰহ কৰি আছিল তেওঁক কৰ্তব্যত অৱহেলা কৰাৰ বাবে শাস্তি বিহাৰ দাবী জনাই কলিয়াবৰ মহকুমাধিপতিৰ জড়িয়তে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
নিলোৎপল-অভিজিতক শ্বহীদ ঘোষণাৰ দাবী
https://www.newsnextone.com/kalibar-college-student-protest/#comments
160
জ ডেস্ক / 2019 নিউজ ডেস্ক : অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ঘোষণা কৰিলে ২০১৯বর্ষ ৰাজ্যিক কীৰ্তি শিক্ষকৰ বঁটা।২০১৯বর্ষ ৰাজ্যিক কীৰ্তি শিক্ষক বঁটাৰ বাবে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে নিৰ্বাচিত কৰিছে নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেন শইকীয়াক।অহা ৫ ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনা অসম চৰকাৰে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰধান শিক্ষক শইকীয়াক আনুষ্ঠানিক ভাৱে প্ৰদান কৰিব এই বঁটা।ইফালে ৰাজ্যিক কীৰ্তি শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ পাছতে গোলাঘাট কমাৰগাঁও নিৰ্বাসী প্ৰধান শিক্ষক মহেন শইকীয়াই নিউজ এছ এনৰ আগত কয় "মোৰ শিক্ষকতাৰ জীৱন আৰম্ভ হৈছিল নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ত ১৯৯২চনত।তাৰ পাছৰে পৰা বৃহত্তৰ নুমলীগড় অঞ্চলক সাঙুৰি থকা একমাত্ৰ উচ্চ মাধ্যমিক বিদ্যালয়খন আগবঢ়াই নিয়াৰ বাবে সদায় প্ৰচেষ্টা চলাই আহিছোঁ।প্ৰত্যেক দিনে ছাত্ৰ-ছাত্ৰী সকলক ভাল মানুহ কৰাৰ বাবে চেষ্টা চলাইছোঁ সেইবাবেই হয়তো আজি মই এই বঁটাৰ বাবে নিৰ্বাচিত হৈছোঁ"।লগতে তেওঁ কয় এই বঁটাৰে তেওঁক ভৱিষ্যত দিনসমূহত সমাজ আৰু ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতি অধিক দ্বায়িত্বশীল কৰি তুলিব।আনহাতে গুৰুত্বপূৰ্ণ কথা এই যে বিদ্যালয়খনৰ সহকাৰী শিক্ষক হৈ থকাৰ অৱস্থাত ২০১৭চনত মহেন শইকীয়াই জিলা পয্যায়ত কীৰ্তি শিক্ষক বঁটাৰে সন্মানিত হৈছিল।তাৰ পাছত প্ৰধান শিক্ষক হিচাপে তেওঁ পুনৰ ৰাজ্যিক কৃত্তি শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হোৱাত এতিয়া বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোত দেখিবলৈ পোৱা গৈছে এক আনন্দমুখৰ পৰিৱেশ।উল্লেখৰ বিষয় এইয়ে যে যি সময়ত চাহ বাগিচা অঞ্চলৰ চৰকাৰী বিদ্যালয় সমূহত শিক্ষক-শিক্ষত্ৰীয়ে চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলক ভালদৰে পাঠদান নকৰে বুলি অভিযোগ উথাপন হৈ আহিছে সেই সময়তে ৰাজ্যিক কীৰ্তি শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত হোৱা প্ৰধানশিক্ষক মহেন শইকীয়াই নুমলীগড় অঞ্চলৰ প্ৰায় চাৰিখনকৈ চাহ বাগিচাৰ শ্ৰমিক ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰিয়েই আজি ৰাজ্যিক কৃতী শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হৈছে।ইফালে শিক্ষক দিৱসৰ দিনা প্ৰধান শিক্ষক শইকীয়াই নিজ হাতে এই বঁটা মুখ্যমন্ত্ৰীৰ পৰা গ্ৰহণ কৰিব বুলি আমাক জানিবলৈ দিছে
চাহ শ্ৰমিকৰ সন্তানে অধ্যয়ন কৰা বিদ্যালয়ৰ প্ৰধান শিক্ষক নিৰ্বাচিত ৰাজ্যিক কীৰ্তি শিক্ষকৰ বঁটাৰ বাবে
https://www.newsasn.com/node/9144
161
বেতবাৰীঃ শিৱসাগৰ প্ৰেছ ক্লাৱৰ উদ্যোগত আজি শিৱসাগৰত অনুষ্ঠিত হৈ যায় শিৱসাগৰ কলেজৰ অৱসৰপ্ৰাপ্ত বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট শিক্ষাবিদ-চিন্তাশীল-লেখক-সাংবাদিক প্ৰয়াত শৰৎ মহন্তৰ চতুৰ্থ সংখ্যাক স্মাৰক বক্তৃতা অনুষ্ঠান।শিৱসাগৰ প্ৰেছ ক্লাৱৰ মুখ্য উপদেষ্টা, অসম মানব অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্য, শিৱসাগৰ কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট শিক্ষাবিদ-চিন্তাশীল-লেখক-সাংবাদিক শৰৎ মহন্তৰ চতুৰ্থ সংখ্যাক মৃত্যু বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি শিৱসাগৰ প্ৰেছ ক্লাৱে আজি অনুষ্ঠিত কৰা গাম্ভিয্যপূৰ্ণ অনুষ্ঠানটোত 'জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ' শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে শিক্ষাবিদ ড০ নগেন শইকীয়াই।অনুষ্ঠানটোত উপস্থিত থাকে শিৱসাগৰ জিলাৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰ, শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল, শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমাৰজ্যোতি মহন্ত, শিৱসাগৰ প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ইনামূল হাজৰিকা, শিৱসাগৰ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক সাব্যসাচী মহন্তৰ লগতে সংবাদ মাধ্যমৰ প্ৰতিনিধি, বিভিন্ন দল-সংগঠনৰ বিষয়-ববিয়া আৰু শিৱসাগৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷
অধ্যাপক শৰৎ মহন্ত স্মাৰক বক্তৃতা অনুষ্ঠান সম্পন্ন
https://www.newsnextone.com/print/2901
162
মোৰাঝাৰঃ ২০১৬ বৰ্ষৰ ৮ নৱেম্বৰত প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰিছিল নোট বন্দীৰ৷ ঘোষণাৰ লগে লগে স্তদ্ধ হৈ পৰিছিল দেশ৷ ৫০০-১০০০ টকাৰ নোট বন্ধ কৰাৰ ফলত দেশত হাহকাৰ লাগিছিল৷ ৰোগী, লৰা-ছোৱালীৰ বিবাহৰ দিন থিক কৰা পৰিয়াল, শ্ৰমিক, দিনহাজিৰা কৰা লোকসকলে ব্যাপক সমস্যাত পৰিছিল৷ ২০০০ টকাৰ বাবে দিনৰ দিনটো বেংকত লাইনৰ থিয় দিব লগা হয় হাজাৰ হাজাৰ লোকে৷ হোজাই জিলাৰ বিন্নাকান্দি ব্লক কংগ্ৰেছৰ উদ্যোগত কলা দিৱস পালন কৰে।মোৰাঝাৰৰ চৌধৰী বজাৰত বিমুদ্ৰাকৰণৰ বিৰুদ্ধে পালন কৰা কলা দিৱসত কেবা শতাধিক লোক ওলাই আহি মোডী চৰকাৰৰ বিৰুদ্ধে বিষাদগাৰ প্ৰকাশ কৰে।ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিনে বিজেপি আৰু মোডীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি দৰিদ্ৰ লোকে নোট সলাবলৈ বেংকত শাৰী পাতি মৃত্যু হোৱা লোকক শ্ৰদ্ধাৰে সোঁৱাৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
মোৰাঝাৰত কংগ্ৰেছৰ কলা দিৱস পালন
https://www.newsnextone.com/congress-black-day-murazar/#comments
163
ং কৃষ্টি প্ৰিয়া গগৈ 28 / 2018 আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাক আৰক্ষীৰ চমনৰ পাছত দেওবাৰে পাণবজাৰ আৰক্ষী থানাত উপস্থিত হয়।দিনৰ প্ৰায় ১ বজাৰ পৰা কেইবা ঘণ্টা ধৰি মৃণাল হাজৰিকাক আৰক্ষীয়ে জেৰা কৰে।২৪ অক্টোবৰত গুৱাহাটীত এখন ৰাজহুৱা সভাত '৮৩ৰ পুনৰাবৃত্তি কৰাৰ হুংকাৰ দিয়াৰ লগতে খিলঞ্জীয়া মঞ্চৰ সভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অস্ত্ৰ তুলি লোৱাৰো হুংকাৰ দিছিল মৃণাল হাজৰিকাই।যাৰ ফলস্বৰূপে হাজৰিকাৰ মন্তব্যৰ বিৰুদ্ধে নিজাকৈ গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে।তাৰ ভিত্তিতেই আজি পাণবজাৰ আৰক্ষী থানাত জেৰা কৰা হয় আলফা নেতাগৰাকীক।উল্লেখ্য যে ২৭ অক্টোবৰত আৰক্ষীয়ে হাজৰিকাক থানাত উপস্থিত হ'বলৈ জাৰি কৰিছিল চমন।কিন্তু ব্যক্তিগত অসুবিধাৰ বাবে আজি হাজিৰ হয় থানাত ৷ আৰক্ষীৰ জেৰাত আলফা নেতাগৰাকীয়ে নিজৰ স্থিতিত অটল থকাৰ কথা ঘোষণা কৰে।লগতে তেওঁ কোনো জাতি-জনগোষ্ঠীক ভাবুকি দিবলৈ নহয়, কেৱল উপায়বিলাকৰ কথাহে সভাখনত আলোচনা কৰা বুলিও উল্লেখ কৰে।আনহাতে, যিসকল মানুহে এই বিধেয়কখনৰ সমৰ্থন কৰিছে আৰু অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বক গুৰুত্ব নিদিয়াকৈ তেওঁলোকে যদি বিদেশীবোৰক জাপি দিব বিচাৰিছে, তেতিয়াহ'লে সেই মানুহখিনি জাতীয় শত্ৰু বুলিও মৃণাল হাজৰিকাই জনায়।"জাতিটোৰ কাৰণে গোটেই জীৱন পাৰ কৰিছোঁ, জাতিটোৰ স্বাৰ্থত আমি চিঞৰি আহিছোঁ, জাতিটোৰ কাৰণে যুজঁ দি আছোঁ আৰু নমৰালৈকে সদায় যুজঁ দি যাম" বুলিও মৃণাল হাজৰিকাই আৰক্ষীৰ আগত ব্যক্ত কৰে ৷ আৰক্ষীৰ জেৰাৰ পিছত সাংবাদিকৰ সৈতে হোৱা মুখামুখিত এই কথা ব্যক্ত কৰি আলফাৰ নেতাগৰাকীয়ে চৰকাৰখনে তেওঁৰ ওপৰত ষড়যন্ত্ৰ কৰা বুলিও উল্লেখ কৰে
আৰক্ষীৰ চমন : আলফা নেতা মৃণাল হাজৰিকা পাণবজাৰ থানাত হাজিৰ
https://www.newsasn.com/index.php/node/2710
164
ৰঙিয়াঃ কামৰূপৰ ৰঙিয়াত গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ৷ ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰঙিয়া চহৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সংগঠনটোৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আৰু মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।পথ অৱৰোধৰ ফলত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত বহু যান-বাহন আৱদ্ধ হৈ পৰে।প্ৰায় আধাঘন্টা সময় শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদস্থলী কপাঁই তোলে।গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিয়ে ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় সমিতৰ উপ-সভাপতি আজিজুৰ ৰহমান আৰু সম্পাদক মতিউৰ ৰহমান উপস্থিত থাকে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ৰন্ধন গেছৰ মূল্য বৃদ্ধি, ৰঙিয়াত গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
https://www.newsnextone.com/rangia-protest-goriya-yuva-parishad-gas-price-in-crease
165
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰক প্ৰায় ৪ লাখ ভোটৰ ব্যৱধানত পৰাজিত কৰি দ্বিতীয়বাৰলৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা ৰামেশ্বৰ তেলীয়ে নৰেন্দ্ৰ মোডীৰ দ্বিতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত স্থান পোৱাতো প্ৰায় নিশ্চিত হৈছে।মোডীৰ মন্ত্ৰীসভাত অসমৰ কোনে কোনে স্থান লাভ কৰিব তাক লৈ জল্পনা-কল্পনা চলি থকাৰ মাজতে প্ৰধানমন্ত্ৰী কাৰ্যলয়ৰপৰা এই সন্দৰ্ভত ফ'ন অহাত তেলীৰ অন্তৰ্ভুক্তী নিশ্চিত হৈছে৷ শপত গ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী থকাৰ প্ৰাকমুহুৰ্তত প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ সাংসদ তেলীলৈ ফোন আহিছিল আৰু তেওঁক আজি অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল৷ ইফালে, তেলীক আজি বিয়লি প্ৰায় ৪.৩০ বজাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিবলৈ কোৱা হৈছে তেলীক।প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰপৰা অহা এই ফোনকলে তেলীৰ মন্ত্ৰী পোৱাটো সম্ভাৱ্য কৰি তুলিছে।উল্লেখ্য যে, মোডীৰ মন্ত্ৰীসভাত অৰুণাচলৰ কিৰেন ৰিজিজু আৰু মেঘালয়ৰ আগাখা চাংমাইও স্থান পোৱাৰ সম্ভাৱনা আছে৷ স্বাস্থ্যজনিত কাৰণত অৰুণ জেটলী আৰু সুষমা স্বৰাজে মন্ত্ৰিত্বৰ দায়িত্ব নোলোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ বিপৰীতে কংগ্ৰেছৰ সভাপতি আমেতি সমষ্টিত হৰুৱা স্মৃতি ইৰাণীয়ে মোদীৰ মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ দায়িত্ব পোৱাৰ সম্ভাৱনা আছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
মোদীৰ মন্ত্ৰী সভাত ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী
https://www.newsnextone.com/modi-parliament-db-mp-rameswar-teli/#comments
166
কোকৰাঝাৰঃ অমৰনাথ তীৰ্থযাত্ৰীৰ ওপৰত সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহনা দি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৱে আজি কোকৰাঝাৰত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা তীৰ্থযাত্ৰী সকলৰ আত্মাৰ শান্তিৰ কামনাৰে তথা সন্ত্ৰাসবাদৰ বিৰুদ্ধে বন্তি প্ৰজ্বলন কৰে ৷ আজি সন্ধিয়া ৭ বজাত এবিএমছুৰ উদ্যোগত কোকৰাঝাৰ চহৰস্থিত অভাৰব্ৰীজত ছাত্ৰ সংগঠনটোৰ দুই শতাধিক কৰ্মীয়ে বন্তি প্ৰজ্বলন কৰি সন্ত্ৰাসবাদৰ বৰ্বৰ কাণ্ডক ধিক্কাৰ দিয়ে ৷ বন্তি প্ৰজ্বলন কাৰ্যসূচীত এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদে অংশগ্ৰহণ কৰি অমৰনাথত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা লোক সকলৰ চিৰশান্তি কামনা কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে ৷ তেওঁ লগতে সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই বুলি দোহাৰি পাকিস্থানী সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত ঘটনাক নিন্দা কৰি এনে জঘন্য কাণ্ডৰ পৰা বিৰত থাকিবলৈ সকিয়নী দিয়ে ৷ এই ক্ষেত্ৰত তেওঁ ভাৰতীয় মুছলমানসকলে ভাৰতত সুখ শান্তিৰে কটাই থকা বুলি সদৰী কৰি পাকিস্থানৰ এনে ঘৃনণীয় কু-কাৰ্যৰ বিৰুদ্ধে যোগ্য প্ৰতুত্তৰ দিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় ৷ আনহাতে ছাত্ৰনেতা লাফিকুল ইছলাম আহমেদে সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা নিকটতম আত্মীয়ক তথা পৰিয়ালবৰ্গক অতিশীঘ্ৰে ২০ লাখ আৰু আহতসকলক ১০ লাখকৈ এককালীন আৰ্থিক সাহায্য আগবঢ়াবলৈকো কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে ৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
মম জ্বলাই অমৰনাথ আক্ৰমণৰ নিহতলৈ শ্ৰদ্ধাঞ্জলি এবিএমছুৰ
https://www.newsnextone.com/abamsu-tribute-to-amarnath-victims/#comments
167
জিৎ তালুকদাৰ 05 / 2018 সুস্বাস্থ্য অবিহনে দেশৰ উন্নয়ণ সম্ভৱ নহয়।দেশৰ প্ৰতিগৰাকী ব্যক্তি সুস্বাস্থ্যৰ অধিকাৰী হলেহে নিজকে দেশৰ তথা ৰাজ্যৰ আৰু অঞ্চল একোটাৰ উন্নয়নত নিজকে মনোনিবেশ কৰিব পাৰিব।এই ভাষ্য বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ।আজি বাক্সা জিলাৰ নাগ্ৰীজুলিত প্ৰধান মন্ত্ৰীৰ আয়ুষ্মান ভাৰত অভিযান আঁচনিৰ শুভাৰম্ভ কৰি কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে দেশৰ প্ৰতি গৰাকী নাগৰিকে নিজৰ সুস্বাস্থ্য অক্ষুণ্ণ ৰাখিবলৈ হ'লে পৰিষ্কাৰ-পৰিচন্নতাৰ ওপৰত গুৰুত্ত দিব লাগিব।পৰিষ্কাৰ-পৰিচন্নতা অবিহনে কোনো এজন লোকে সুস্বাস্থ্যৰ অধিকাৰী হোৱাটো সম্ভৱ নহয়।ভাৰত চৰকাৰে প্ৰতি গৰাকী নাগৰিকৰ বাবে প্ৰচলন কৰা আঁচনিসমুহৰ ফলপ্ৰসূ ৰূপায়ন কৰাত সহায়-সহযোগ কৰিব লাগিব।হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচিৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি সমগ্ৰ বিটিএডি অঞ্চলৰ উন্নয়নৰ বাবে বিটিচি প্ৰশাসনে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়েও কাৰ্যবাহী সদস্য গৰাকীয়ে বিতংকৈ বাখ্যা কৰে।আজিৰ এই সভাতেই বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ ৩৭ খন গাঁওৰ ৮ হাজাৰ লোকে এই আয়ুষ্মান ভাৰত আঁচনিৰ কাৰ্ড লাভ কৰিব বুলি সদৰী কৰে।সভাত উপস্থিত থাকি সত্ৰৰবাৰী ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ মনোহৰ দাসে ভাষণ ৰাখি আয়ুষ্মান ভাৰত অভিযান আঁচনিৰ কাৰ্ডৰ পৰা কেনেদৰে চৰকাৰী আঁচনিখনৰ লাভ সৰ্বসাধাৰণ ৰাইজে লাভ ককৰিব পাৰিব তাৰ বিষয়ে বিতংকৈ বুজাই কয়।নাগ্ৰীজুলিৰ খাটৰবাৰী ৰাজ্যিক চিকিৎসালয়ৰ কৰ্মচাৰী ব্ৰজেন বড়োই আঁত ধৰা সভাত উপস্থিত থাকি তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীয়েও ভাষণ ৰাখে।আজিৰ এই সভাত ভাওৰাগুৰী, খাটৰবাৰী আৰু কালচেনি গাঁওৰ ৰাইজৰ মাজত আয়ুষ্মান ভাৰত অভিযান আঁচনিৰ কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰে বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে।আজিৰ সভাত বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ উপৰিও শুক্লাই চেৰফাংৰ টিচিএলচিচিৰ অধ্যক্ষ ৰুদ্ৰ সুবেদী, নাগ্ৰীজুলি টিচিএলচিচিৰ অধ্যক্ষ অজিত বসুমতাৰী, নাগ্ৰীজুলি ভিচিডিচিৰ অধ্যক্ষ প্ৰদীপ সৰকাৰৰ উপৰিও অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে
নাগ্ৰীজুলিত আয়ুষ্মান ভাৰত অভিযান আঁচনিৰ শুভাৰম্ভ
https://www.newsasn.com/node/2213
168
জনমভূমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ বিৰুদ্ধে পুনৰ প্রতিবাদত জ্বলিছে উত্তৰ অসম৷ শেহতীয়াকৈ সেউজ ন্যায়াধিকৰণে প্রকল্পটোৰ পক্ষত ৰায়দান কৰাৰ পাছৰে পৰা প্রতিবাদত উত্তাল হৈছে লখিমপুৰ আৰু ধেমাজি জিলা৷ ৰাজপথলৈ ওলাই আহিছে বিভিন্ন দল-সংগঠন৷ যোৱা ৩ আগষ্টৰ পৰা অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে প্রকল্পটো বন্ধৰ দাবীৰে হাতত লৈছে ধাৰাবাহিক আন্দোলনৰ কার্যসূচী৷ ৩ আগষ্টৰ দিনা লখিমপুৰত ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কার্যসূচীৰ পৰৱর্তী সময়ত আজি জিলাৰ উপায়ুক্তৰ কার্যালয়ৰ সন্মুখত সংগঠনটোৱে ৰূপায়ণ কৰে তিনি ঘণ্টীয়া অৱস্থান ধর্মঘট কার্যসূচী৷ সংগঠনটোৰ কেইবা শতাধিক সদস্যই আজি লখিমপুৰ জিলাৰ উপায়ুক্তৰ কার্যালয়ৰ সন্মুখত উত্তাল প্রতিবাদেৰে যিকোনো পৰিস্থিতিতে নদী বান্ধ বন্ধ হ'ব লাগিব বুলি সকীয়নি দিয়ে৷ সংগঠনটোৱে আজিৰ এই প্রতিবাদী কার্যসূচীৰ অন্তত দহ আগষ্টত আৰম্ভ কৰিব ১০০ ঘণ্টীয়া প্রকল্পটোৰ সামগ্রী অৱৰোধৰ কার্যসূচী৷ ইয়াৰ পৰৱর্তী কার্যসূচী হিচাপে ২০ আগষ্টৰ দিনটোত ৰূপায়িত হ'ব মানৱ-শৃংখল কার্যসূচী৷ উল্লেখযোগ্য যে নামনি সোৱণশিৰি প্রকল্প বন্ধৰ দাবীতেই ২০১১ চনত এই আন্দোলনে উত্তৰ অসমত ৰক্তক্ষয়ী ৰূপ লোৱাৰ সমান্তৰালকৈ প্রতিবাদে কঁপাই গৈছিল সমগ্র অসম৷ তাৰ পাছৰে পৰাই আনুষ্ঠানিকভাৱে বন্ধ হৈ পৰে প্রকল্পটোৰ নির্মাণকার্য৷ কিন্তু শেহতীয়াকৈ সেউজ ন্যায়াধিকৰণৰ ৰায়দানৰ পাছতেই একপ্রকাৰ তৎপৰ হৈ পৰিছে এন এইচ পি চি কর্তৃপক্ষ৷ আৰু ইয়াৰ ফলস্বৰূপেই প্রতিবাদত জ্বলিছে লখিমপুৰ-ধেমাজি জিলা৷ আগন্তুক দিনত বৃহৎ প্রকল্পটো বন্ধ নকৰিলে যুৱ-ছাত্র পৰিষদে অন্যান্য সংগঠন তথা ৰাইজৰ সহযোগত ভয়াৱহ আন্দোলনৰ কার্যসূচী ৰূপায়ণ কৰিব বুলি ইতিমধ্যে সকীয়াই দিছে৷ আজিৰ এই প্রতিবাদী কার্যসূচীৰ নেতৃত্ব দিয়ে পৰিষদৰ কেন্দ্রীয় নেতা সৌৰভ দাস, জিলা সমিতিৰ সভাপতি মনদীপ নেওগ, সাধাৰণ সম্পাদক জ্যোতি দাস, হিৰণ্য দত্ত আদিয়ে৷
প্রতিবাদত উত্তাল উত্তৰ অসম
https://janambhumi.in/VFhwTmVVNXFXVDA9/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A4%E0%A6%BF%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%A4-%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%B2-%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%85%E0%A6%B8%E0%A6%AE.html
169
কোকৰাঝাৰঃ এগৰাকী অসহায় মহিলাক তিনিদিন বন্ধ কোঠাত আৱদ্ধ কৰি হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে৷ তাৰ মাজতে আৰক্ষীৰ জালত পৰে অভিযুক্ত কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত চেচাঁপানী গাঁও নিবাসী সৰপত আলি শ্বেখৰ পুত্ৰ ইনছাৰ আলি শ্বেখ৷ আৰক্ষীৰ আগত আদিবাসী জনগোষ্টীৰ মহিলা তথা মাগুৰমাৰী অঞ্চলৰ হাকুৰবাৰীৰ সাৰস লাক্ৰাক হত্যা কৰা বুলি স্বীকাৰ কৰে ইনছাৰে।ইনছাৰ আলি শ্বেখৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে ৰজু কৰা ৭৪৮/১৭ৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৩৬৬/৩০২/৩৪ ধাৰাৰ অধীনত মঙলবাৰে ইনছাৰ আলি সেখৰ লগতে ইনছাৰৰ মাতৃ জাবেদা বিবি (৪৫) আৰু বৌৱেক সাবিদা বেগম(১৮)ক গ্ৰেপ্তাৰ কৰে।উল্লেখ্যে যে চেচাঁপানী গাঁৱৰ ইনছাৰ আলি শ্বেখে হাব্ৰুবাৰী অঞ্চলৰ পৰা আদিবাসী জনগোষ্ঠীৰ বিবাহিত মহিলা এগৰাকীক ফুচলাই নিজৰ ঘৰলৈ লৈ অহাৰ পিছতে সোমবাৰে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল।প্ৰথম অৱস্থাত এয়া অবৈধ প্ৰেমৰ পৰিণতিতে আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছিল যদিও আৰক্ষীয়ে ইনছাৰ আলি শ্বেখক আটক কৰি সোধ-পোছ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে।আৰক্ষীৰ জেৰাত ইনছাৰ আলিয়ে সাৰস লাক্ৰাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি স্বীকাৰ কৰে।মহিলাগৰাকীয়ে সৰু কাঠৰ খুটাত গামোছাৰে চীপ লৈ আত্মহত্যা কৰা বুলি ইনছাৰ আলিৰ পৰিয়ালবৰ্গই প্ৰথমে আৰক্ষীক বিপথে পৰিচালিত কৰিছিল।কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনন্দ বসুমতাৰীয়ে সাৰস লাক্ৰাৰ হত্যাকাণ্ড সন্দৰ্ভত তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে।সাৰসৰ সতে ইনছাৰৰ অবৈধ সম্পৰ্ক আছিল বুলিও মত প্ৰকাশ কৰিছে আৰক্ষী বিষয়া বিনন্দ বসুমতাৰীয়ে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
কোকৰাঝাৰত বন্ধ কোঠাত নিৰ্যাতন চলাই মহিলাক হত্যা, ২ মহিলা সহ আটক ৩
https://www.newsnextone.com/3-accused-arrested-at-kokrajhar/#comments
170
গোলকগঞ্জঃ ধুবুৰী জিলাৰ আগমণিত বিদ্যালয়ৰ শ্ৰেনী কোঠা নিৰ্মাণ আৰু গুণ উৎসৱকলৈ আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ জিলা খনৰ আগমণি শিক্ষা খণ্ড অন্তৰ্গত মধ্য দফৰপুৰ এল পি স্কুলত অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণক লৈ আজি আলোচনা চলি থকৰা মাজতে প্ৰধান শিক্ষকে এগৰাকী জ্যেষ্ঠ নাগৰিকক দুৰ্ৱ্যৱহাৰ কৰাত তীব্ৰ বাক-বিতণ্ডা আৰম্ভ হয়৷ বাক-বিতণ্ডাই হতা-হতিৰ ৰূপ লোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ছাত্ৰ-ছাত্ৰী উপস্থিত থকাৰ সময়তে অনাহুত পৰিস্থিতিৰ সৃষ্টি হয়৷ যাৰ ফলত বিদ্যালয় চৌহদত পাগলাহাট আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়।মধ্য দফৰপূৰ এল পি স্কুলত অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণ আৰু গুণ উৎসৱ সন্দৰ্ভত আলোচনা কৰিবলৈ অহা বিদ্যালয় খনৰ প্ৰাক্তন শিক্ষক তথা জ্যেষ্ঠ নাগৰিক মনোৱাৰ হুছেইন প্ৰধানীক সভাৰ মাজতে বেয়াকৈ কয়৷ একাংশ লোকে প্ৰধান শিক্ষকগৰাকীক উভতি ধৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ ফলত পাগলাহাট আৰক্ষীৰ এটা দল বিদ্যালয়ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।শ্ৰেণী কোঠা নিৰ্মাণ বাবদ আৱণ্টিত ধনৰ খেলিমেলি কৰা বুলি অভিযোগ উত্থাপন হয় প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে।চৰকাৰী নিয়মমতে শ্ৰেনীকোঠী নিৰ্মাণ নহোৱাৰ লগতে ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে পৰিচালনা সমিতিয়ে৷
স্কুললৈ আহিল এক গাড়ী আৰক্ষী
https://www.newsnextone.com/print/6083
171
কলিয়াবৰঃ কলিয়াবৰত গ্ৰামোন্নয়ন বিভাগত সংঘটিত হৈছে কোটি কোটি টকাৰ দুৰ্নীতি।কলিয়াবৰৰ বামুণীত থকা ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত হৈছে এই দুৰ্নীতি।দুৰ্নীতিত জড়িত দুই কৰ্মচাৰী ইতিমধ্যে জখলাবন্ধা আৰক্ষীৰ জালত পৰাৰ লগে লগে বহু তথ্য পোহৰলৈ আহিছে।জবকাৰ্ডৰ জৰিয়তে কোটিৰো অধিক ধন আৰু গ্ৰাহকৰ জমা ধন হৰলুকী কৰা দুই অপৰাধী ক্ৰমে লাইলুৰিৰৰ আনিছউজ জামান আৰু বামুনি গাঁৱৰ মন্টু ডুবে সম্প্ৰতি জখলাবন্ধা আৰক্ষীৰ জালত পৰিছে।ধৃত দুই অভিযুক্তই ভাৰতীয় ষ্টেট বেংকৰ কলিয়াবৰ শাখাৰ একাংশ বিষয়াৰ সহযোগত বামুণী অঞ্চলতে নহয়, নগাঁও জিলাৰ বিভিন্ন পঞ্চায়তৰ সচিব, সভাপতি, আৰু জিআৰএছৰ লগ হৈ জবকাৰ্ডৰ ভুঁৱা একাউণ্ট খুলি কোটিৰো অধিক ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
গ্ৰামোন্নয়ন বিভাগত কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ
https://www.newsnextone.com/corruption-of-jobcard-nagaon
172
গুৱাহাটীঃ অসমীয়া সমাজ জীৱনৰ গোষ্ঠীদ্বন্দ, সাম্প্ৰদায়িকতাবাদ আদিয়ে অস্থিৰ কৰি তোলাৰ সময়তে অসমৰ নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে যোৱাটো বছৰত "চাওলুং ছ্যু-কা-ফা শৈক্ষিক আৰু সামাজিক ন্যাস" গঠন হয়৷ চাওলুং ছ্যু-কা-ফাৰ প্ৰগতিশীল সমন্বয়ৰ আদৰ্শত গঠিত হৈছিল এই ন্যাস৷ এইবেলি ন্যাসৰ উদ্যোগত "সদৌ অসম ভিত্তিত" মাধ্যমিক পৰ্যায়(ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ)ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অসমীয়া ভাষাত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷ "অসমীয়া জাতি গঠনত চাওলুং ছ্যু-কা-ফাৰ অৱদান" শীৰ্ষক বিষয়বস্তু সন্দৰ্ভতপ্ৰতিযোগিতা অনুষ্ঠিত হ'ব৷ ৰচনাসমুহ অহা ২০ নৱেম্বৰৰ ভিতৰত হাতে লিখি নতুবা ডিটিপি কৰি সম্পূৰ্ণ শুদ্ধ ঠিকনা আৰু যোগাযোগ নম্বৰ সহিতে মনোৰম গগৈ, কাৰ্যকৰী সভাপতি, চাওলুং ছ্যু-কা-ফা শৈক্ষিক আৰু সামাজিক ন্যাস, মাৰফৎ, অসম সাংবাদিকতা বিদ্যালয়, নাওজান পথ, উজান বজাৰ, গুৱাহাটী-৭৮১০০১ ঠিকনাত পঠিয়াবলৈ ন্যাসে আহ্বান জনাইছে৷ প্ৰতিযোগীতাত বিজয়ী প্ৰথম তিনিগৰাকী প্ৰতিযোগীক অহা দুই ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত হ'বলগীয়া ন্যাসৰ প্ৰতিষ্ঠা দিৱসত নগদ ধনেৰে পুৰস্কৃত কৰাৰ লগতে এখন মানপত্ৰ প্ৰদান কৰা হ'ব৷ প্ৰতিযোগিতাৰ নিৰ্বাচিত ৰচনাৱলী গ্ৰন্থাকাৰে সংকলন কৰা হ'ব বুলি ন্যাসৰ সচিব প্ৰধান টুনুজ্যোতি গগৈয়ে জানিবলৈ দিয়ে৷ প্ৰতিযোগীতাৰ সবিশেষ তথ্যৰ বাবে ইচ্ছ্যুক প্ৰতিযোগীসকলক ৯৮৫৪৯৮৭৬৫৮ আৰু ৭৮৯৬৮৮৯১২৭ নম্বৰত যোগাযোগ কৰিবলৈ ন্যাসে আহ্বান জনায়৷
চাওলুং ছ্যু-কা-ফা শৈক্ষিক আৰু সামাজিক ন্যাসৰ উদ্যোগত ৰচনা প্ৰতিযোগিতা
https://www.newsnextone.com/print/7907
173
নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ অগ্ৰণী শিক্ষানুষ্ঠান বিৰহ বেবেজীয়া প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটিত প্ৰাথমিক বৃত্তি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয় তথা অঞ্চললৈ গৌৰব কঢ়িয়াই অনা তিনি গৰাকী মেধাবী ছাত্ৰক সৰ্ম্বধনা জ্ঞাপন কৰা হয় ৷ অনুষ্ঠানত ২০১৭ চনত প্ৰাথমিক বৃত্তি লাভ কৰা ছাত্ৰ কৌশিক দাস আৰু আকাশ দাসক ৫ হাজাৰ টকাৰ চেক, গামোছা আৰু কিতাপৰ টোপোলা প্ৰদান কৰাৰ বিপৰীতে ২০১৮ চনত প্ৰাথমিক বৃত্তি লাভ কৰা নয়ন জ্যোতি দাসক গামোছা, কিতাপৰ টোপোলা প্ৰদান কৰি সৰ্ম্বধনা জনাই বিদ্যালয় কৰ্তৃপক্ষই ৷ উক্ত অনুষ্ঠানত বিশিষ্ঠ অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নিতু চন্দ্ৰ দাস, প্ৰধান শিক্ষয়ত্ৰী জ্যোস্না মহন্ত, সহকাৰী শিক্ষয়িত্ৰী মনোমতি দাস, পদ্মজা মজুমদাৰকে প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ অনুষ্ঠানতোত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত গীত-মাত-নৃত্যৰে মুখৰিত হৈ পৰে বিদ্যালয়ৰ সভাকক্ষ ৷ উল্লেখযোগ্য যে ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ আগ্ৰাসনৰ বাবে অসমীয়া মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী নামভৰ্তিৰ হাৰ নিম্নগামী হোৱাৰ সময়তেো বিৰহ বেবেজীয়া প্ৰাথমিক বিদ্যালয়ৰ এনে আশাব্যঞ্জক ফলাফলে ইতিবাচক বাৰ্তা বহন কৰিছে ৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
বিৰহ বেবেজীয়াত কৃতি ছাত্ৰক সৰ্ম্বধনা
https://www.newsnextone.com/student%2Bfelicitation%2Bin%2Bbirah%2Bbebejia
174
ইতিমধ্যে মংগলবাৰে পুৱা মৃত্যুক আঁকোৱালি লৈছে বেৰশ্ৰী বড়ো নামৰ 28 বছৰীয়া এগৰাকী মহিলাই ♦ আনহাতে বুধবাৰে পুনৰ বগীনদী আৰু উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ২০ জনকৈ আক্ৰান্তক ♦ দেওবাৰে জিলাখনৰ কদম ন ভঙনীয়া বড়ো গাঁৱত সংঘটিত হৈছিল এই বিষক্ৰিয়াৰ ঘটনা ♦ নামঘৰত সকাম খোৱাৰ পাছৰেপৰাই অসুস্থ হৈ পৰিছিল ডেৰ শতাধিক লোক প্ৰাথমিক চিকিৎসাৰ অন্তত কিছু সংখ্যক আক্ৰান্ত সুস্থ হৈ উঠিছিল ♦ বিপৰীতে মংগলবাৰে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল শিশু-মহিলাসহ ১৪ জনকৈ আক্ৰান্তক ♦ কিন্তু বুধবাৰে পুনৰ বগীনদী প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু ১০ জন লোকক ♦ সমান্তৰালকৈ উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়তো ভৰ্তি কৰা হয় আন কেইবাজনো লোকক ♦ ইতিমধ্যে লখিমপুৰ জিলা উপায়ুক্ত আৰু মন্ত্ৰী নৱ দলে চিকিৎসালয়ত উপস্থিত হৈ আক্ৰান্তসকলৰ খবৰ লোৱাৰ লগতে চিকিৎসা খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিছে স্বাস্থ্য বিভাগক আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
লখিমপুৰৰ খাদ্যত বিষক্ৰিয়াৰ ঘটনাই লৈছে ভয়ংকৰ ৰূপ
https://www.newsnextone.com/lakhimpur-food-poisoning-aggravated
175
জয়ন্ত মুদৈ, নগাঁওঃ কৰ্মসংস্থাপনৰ বাবে যোৱা নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত কাকমাৰীৰ এজন যুৱক বৰ্হিঃৰাজ্যত চলন্ত ৰে'লৰপৰা সন্ধানহীন হোৱা এক ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, কাকমাৰী বৰবড়িৰ নিতুমনি ডেকা (২২) নামৰ নিবনুৱা যুৱকজন কৰ্মসংস্থাপনৰ বাবে একে অঞ্চলৰে আন তিনিজন যুৱকৰ সৈতে যোৱা দেওবাৰে পুৱা ৬ বজাত ৰে'লৰে গুৱাহাটীৰপৰা বেংগালুৰু অভিমুখে যাত্ৰা কৰে৷ এনেদৰে যাত্ৰা কালতেই সোমবাৰে নিশা প্ৰায় চাৰে দহ বজাত লগৰীয়া যুৱককেইজনৰ কাষৰপৰা প্ৰস্ৰাৱ কৰিবলৈ ট্ৰয়লেটলৈ যোৱাৰ পাছৰেপৰাই চলন্ত ৰে'লতেই সন্ধানহীন হৈ পৰে নিতুমনি৷ পাছত নিতুমনিক বহু বিচাৰ-খুচাৰ কৰিও কোনো সম্ভেদ নোলোৱাত নিশা প্ৰায় চাৰে এঘাৰ মান বজাত লগত যোৱা যুৱককেইজনে নিতুমনিৰ ঘৰলৈ ফোনৰ জৰিয়তে নিখুজ হোৱাৰ বিষয়ে অৱগত কৰাৰ লগতে চেন্নাই আৰক্ষীকো ঘটনাৰ সবিশেষ ব্যক্ত কৰে৷ উল্লেখ্য, উক্ত ৰে'লতে যাত্ৰা কৰা এজন লোকে নিতুমনি ৰে'লৰপৰা তললৈ পৰি যোৱা দেখা পোৱা বুলি লগৰীয়া যুৱককেইজনক জানিবলৈ দিয়ে যদিও কিদৰে পৰি গ'ল সেই সন্দৰ্ভত কিন্তু অজ্ঞাতাহে প্ৰকাশ কৰে৷ সেয়ে কোনো দুৰ্বৃত্তই নিতুমনিৰ পকেটত থকা ম'বাইল ফোন আৰু নগদ চাৰি হাজাৰ টকা লুট কৰি পাছত ৰে'লৰপৰা পেলাই দিয়া বুলি সন্দেহ ব্যক্ত কৰিছে পৰিয়ালৰ লোকে৷ ইফালে, নিতুমনিৰ দুৰ্ভগীয়া পৰিয়ালৰ লোকে আজি যুৱকজনৰ নিখুজ সন্দৰ্ভত স্থানীয় জাজৰি আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
বৰ্হিঃৰাজ্যত চলন্ত ৰে'লৰপৰা নিখুজ নগাঁৱৰ যুৱক
https://www.newsnextone.com/nagaon-youth-missing-on-board1
176
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট ডিজিটেল ডেস্কঃ অসম আৰক্ষী আৰু চি আৰ পিএফৰ অভিযানত জালত পৰিল কে পি এল টিৰ লিংকমেন৷ পাহাৰীয়া জিলা কাৰ্বি আংলংত সোমবাৰে অসম আৰক্ষী আৰু চি আৰ পি এফৰ ২০নং বেটেলীয়ানৰ লগতে এছ টি এফে চলোৱা যুটীয়া অভিযানত জিলাখনৰ জমিদাৰ তেৰং গাঁৱৰ পৰা অস্ত্ৰ সহিতে আটক কৰিবলৈ সক্ষম হয় জোনা সিং ৰাঙপি আৰু মনজিৎ ভোমিজ নামৰ দুজন লোকক।জানিব পৰা মতে, দুয়োগৰাকী লোকে বিগত বহু দিন ধৰি বিদ্ৰোহী সংগঠন কে পি এল টিৰ হৈ কাম কৰি আহিছিল৷ গোপন খৱৰৰ ভিত্তীত গাঁও খনত দুয়োজনে থিতাপি লৈ থকাৰ খবৰ লাভ কৰাত অসম আৰক্ষী আৰু চি আৰ পি এফৰ ২০নং বেটেলীয়ানৰ লগতে এছ টি এফে চলোৱা যুটীয়া অভিযান চলাই।অভিযান কালত কে পি এল টি লিংক মেন দুজনৰ পৰা এটি একে-৫৬, দুটা গ্ৰেনেট, এটি ৫.৫৬ বন্দুক, একে ৫৬ মেগজিন সহিতে বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷ জানিব পৰা মতে, সেনা, অৰ্ধ সামৰিক বাহিনী আৰু আৰক্ষীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তুলিছে পাহাৰীয়া জিলা কাৰ্বি আংলংত৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
কাৰ্বি আংলঙত কে পি এল টিৰ সদস্য আটক
https://www.newsnextone.com/kplt-link-man-arrested-karbianglang/#comments
177
গজেন হাজৰিকা,নাৰায়ণপুৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিনৰে পৰা এচাম অসাধু ব্যবসায়ীয়ে আবকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীক 'মেনেজ' কৰি অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাৰ অহাৰ অভিযোগ উত্থাপন কৰিছে যুৱ-ছাত্র পৰিষদ আৰু অনুসূচিত জাতি ছাত্র সন্থাই৷ সংগঠন দুটাই আজি নাৰায়ণপুৰ নগৰৰ মাজ-মজিয়াত দাহ কৰিলে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিমূৰ্তি৷ উল্লেখযোগ্য যে, লখিমপুৰ জিলাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ বান্দৰদেৱাৰ পৰা সুলভ মূল্যত সুৰা ক্ৰয় কৰি অসাধু ব্যৱসায়ীসকলে অঞ্চলটোৰ চুকে-কোণে পাণ দোকান, ধাবা আদিত চুৰিকৈ মদৰ ৰমৰমীয়া ব্যবসায় চলাই আহিছে।ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা এই অবৈধ ব্যবসায়ৰ ফলত বিশেষকৈ কলেজীয়া ছাত্ৰ, উঠি অহা যুৱচামৰ ইয়াৰ প্ৰতি আসক্তি বৃদ্ধি পোৱাত সমাজত বিশৃংখলাই দেখা দিছে৷ নাৰায়ণপুৰৰ বিভিন্ন দল-সংগঠনৰ তৰফৰ পৰা বহুবাৰ লখিমপুৰ জিলা আবকাৰী বিভাগক জনোৱা হৈছে যদিও বিহপুৰীয়াৰ দায়িত্বত থকা আবকাৰী পৰিদৰ্শক প্ৰাঞ্জল পাংগিঙৰ অদূৰদৰ্শিতা আৰু কমিছনৰাজৰ ভিত্তিতেই সুৰাৰ অবৈধ বেহা চলি আছে বুলি অভিযোগ উত্থাপন কৰি সংগঠন দুটাই অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ উপ-সভাপতি হেমচন্দ্ৰ গোস্বামী, লখিমপুৰ জিলা সমিতিৰ যুটীয়া সম্পাদক মনদীপ নেওগ, নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে অৰুণজ্যোতি বণিয়া আৰু ৰূপকমল হাজৰিকা, অনুসূচিত জাতি ছাত্র সন্থাৰ নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে যাদৱ দাস আৰু কৃষ্ণমণি দাসৰ লগতে প্ৰায় সংখ্যক সদস্যই ৷
নাৰায়ণপুৰত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিমূৰ্তি দাহ
https://janambhumi.in/VFdwUmVFOVVRVDA9/%E0%A6%A8%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A7%9F%E0%A6%A3%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A6%AC%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%80-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A6%AE%E0%A6%B2-%E0%A6%B6%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%AC%E0%A7%88%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%AE%E0%A7%82%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%A6%E0%A6%BE%E0%A6%B9.html
178
মৰিগাঁওঃ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে শুকুৰবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় ভোটাৰ দিৱস।মৰিগাঁও নগৰৰ বিহুতলীৰপৰা পুৱা ৭ বজাত আৰম্ভ হোৱা স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী শুভাৰম্ভ কৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই।ইয়াৰ পাছতেই উপায়ুক্ত বৰাই স্বচ্ছ ভাৰত অভিযানত অংশগ্ৰহণ কৰা সকলোকে শপত বাক্য পাঠ কৰায়।উপায়ুক্ত বৰাই স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিভাগীয় সকলো বিষয়া কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰি মৰিগাঁও নগৰখন স্বচ্ছ কৰি ৰখাৰ ক্ষেত্রত সকলোকে গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।নগৰখনৰ প্ৰায়বোৰ ঠাইতে চলা এই স্বচ্ছ ভাৰত অভিযানত অতিৰিক্ত উপায়ুক্ত ছয়েদ তহিদুৰ ৰহমান, লক্ষীনন্দন চহৰীয়া, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া, উপ-আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামী, নিৰ্বাচনী বিষয়া কল্যাণী কংকনা দাস, ৰাজহ চক্ৰ বিষয়া সংঘমিত্ৰা ভাগৱতী, পৌৰপতি অৰ্চনা বৰদলৈ, উপ-পৌৰপতি ৰঞ্জিত কুমাৰ ডেকাকে আদি কৰি মৰিগাঁও জিলা প্ৰশাসনৰ বিভাগীয় বিষয়া কৰ্মচাৰী, চি আৰ পি এফ, বি জে পিৰ কাৰ্যকৰ্তা, সাংবাদিক সংস্থা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী, গ্ৰাম্য পুথিভঁৰাল সন্থা আদি কৰি ভালে কেইটা অনুষ্ঠান প্ৰতিষ্ঠানে সহযোগিতা কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ভোটাৰ দিৱস উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান
https://www.newsnextone.com/morigaon-voter-day/#comments
179
টাটা ম'টৰ্ছৰ নেনো কাৰ বৰ্তমান সম্পুৰ্ণৰূপে বন্ধ হোৱাৰ পথত অগ্ৰসৰ হৈছে।প্ৰতিষ্ঠানটোৱে ইতিমধ্যেই 'নেনো'ৰ উৎপাদন বন্ধ কৰি দিছিল।টাটা ম'টৰ্ছে শ্বেয়াৰ বজাৰক জনোৱা অনুসৰি ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহত প্ৰতিষ্ঠানটোৱে এখনো নেনো বাহনৰ উৎপাদন কৰা নায়।২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহত টাটাই এখনো 'নেনো' বাহন বিক্ৰী কৰিবলৈ সক্ষম নহ'ল।এবছৰ পূৰ্বে ২০১৮ চনৰ ডিচেম্বৰ মাহত টাটাই ৮২ খন 'নেনো' বাহন নিৰ্মাণ কৰিছিল আৰু ৮৮ খন 'নেনো' বিক্ৰী হৈছিল।একেধৰণে ২০১৮ বৰ্ষৰ অক্টোবৰ মাহত প্ৰতিষ্ঠানটোৱে ৭১ খন নেনো উৎপাদন কৰাৰ বিপৰীতে ৫৪ খন নেনো বিক্ৰী কৰিছিল।উল্লেখযোগ্য যে, ২০১৯ বৰ্ষত একমাত্ৰ নেনো বাহনখনৰ বিক্ৰী ফেব্ৰুৱাৰিত হৈছিল।২০০৯ বৰ্ষত ৰতন টাটাই টাটা ম'টৰ্ছৰ 'নেনো' বাহন আনুষ্ঠানিকভাৱে মুকলি কৰিছিল।ইয়াৰ পূৰ্বে ২০০৮ বৰ্ষত অট' এক্সপোত বাহনখন প্ৰদৰ্শন কৰা হৈছিল।উল্লেখযোগ্য যে, 'নেনো'ৰ জৰিয়তে ৰতন টাটাই সাধাৰণ মানুহৰ চাৰিচকীয়া বাহনৰ সপোন পুৰণ কৰিব বিচাৰিছিল যাৰ বাবে ৰতন টাটাই বাহনখন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ সময়তে ইয়াৰ প্ৰাৰম্ভিক মূল্য ১ লাখ টকা হ'ব বুলি কৈছিল।'টাটা নেনো'ক গাড়ী বজাৰত আড়ম্বৰপূৰ্ণভাৱে মুকলি কৰাৰ পাছতো লাখটকীয়া বাহনখনে ভাৰতীয় গ্ৰাহকক আকৰ্ষিত কৰিবলৈ সক্ষম নহ'ল
সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ পথত 'টাটা নেনো'; ২০১৯ বৰ্ষত মাত্ৰ এখন বাহনৰ বিক্ৰী
https://assam.nenow.in/only-one-tata-nano-sold-in-the-year-of-2019/
180
১৪ দিনীয়া আত্মগোপনৰ অন্তত সোঁশৰীৰে দেখা দিলে আইকন কমাৰ্চ কলেজৰ নিলম্বিত সহযোগী অধ্যাপিকা পাপৰি বেনাৰ্জী।পুলৱামা আক্ৰমণক লৈ দিয়া এটা ফেইচবুক পোষ্টৰ পিছত বিতৰ্ক, হত্যা-ধৰ্ষণৰ ভাবুকি আৰু আৰক্ষীৰ তেওঁৰ বিৰুদ্ধে নিজাববীয়া গোচৰৰ পিছতে অন্তৰ্ধান হৈছিল অধ্যাপিকাগৰাকী।আত্মগোপনৰ পৰা ওলাই আহি যোৱা ৩ মাৰ্চত চানমাৰি থানাত হাজিৰ হোৱাৰ পাছত আৰক্ষীয়ে তেওঁক প্ৰায় চাৰি ঘন্টা ধৰি সোধা-পোছা কৰে।ইয়াৰ পাছতে সাংবাদিকৰ আগত তেওঁ হত্য-ধৰ্ষণৰ ভাবুকি পোৱাৰ বাবে আত্মগোপন কৰা বুলি জানিবলৈ দিয়ে।"মই ধৰ্ষণৰ ভাবুকি পাইছিলো।মোক ঘৰৰ পৰা উলিয়াই নি হত্যা আৰু ধৰ্ষণ কৰিব বুলি ভাবুকি দিছিল।সেয়ে মই ভয় খাই আত্মগোপন কৰিছিলো", পাপৰি বেনাৰ্জীৰ ভাষ্য।লগতে তেওঁক একাংশই বেশ্যাৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ তুলি "এয়া আমাৰ সংস্কৃতি নেকি?" বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।ইপিনে, ফেইচবুক পোষ্টটোৰ জৰিয়তে ভাৰতীয় সেনাক দোষাৰোপ কৰাৰ মানসিকতা নাছিল বুলি মন্তব্য কৰি পাপৰি বেনাৰ্জীয়ে কয়, "মই মানৱ অধিকাৰ উলংঘনৰ কথাহে ক'ব বিচাৰিছিলো।আৰ্মিক কিয় দোষ দিম, দোষ ব্যৱস্থাটোৰ।আৰ্মিয়ে নিৰ্দেশহে পালন কৰিছে"।তেওঁ ক'ত আত্মগোপন কৰি আছিল সেই কথা সাংবাদিকৰ আগত প্ৰকাশ নকৰিলে যদিও আৰক্ষীয়ে তেওঁ মুম্বাইত আছিল বুলি জানিবলৈ দিছে।উল্লেখযোগ্য যে বিতৰ্কিত পোষ্টটোৰ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত তেওঁ অধ্যাপনা কৰা আইকন কমাৰ্চ কলেজ কৰ্তৃপক্ষই তেওঁক চাকৰিৰ পৰা নিলম্বিত কৰিছিল।একেদৰে, চানমাৰি আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে এটা নিজাববীয়া গোচৰ ৰুজু কৰি তেওঁক ১৬ ফেব্ৰুৱাৰিত সোধা-পোছাৰ বাবে মাতি নিছিল।পৰৱৰ্তী সময়ত ১৮ ফেব্ৰুৱাৰিত থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল যদিও ১৭ ফেব্ৰুৱাৰিৰ পুৱাৰ পৰাই সন্ধানহীন হৈছিল পাপৰি।ইপিনে, যোৱা ২ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁক অন্তৰৱৰ্তীকালীন অগ্ৰীম জামিন প্ৰদান কৰে।২০ মাৰ্চত এই জামিনৰ ম্যাদ উকলিব আৰু সেইদিনাই আৰক্ষীয়ে আদালতত কেছ ডায়েৰি দাখিল কৰিব বুলি চানমাৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।ইপিনে, কেছ ডায়েৰি দাখিল কৰিবলৈ আৰক্ষীক প্ৰয়োজন হৈছে পাপৰিৰ ফেইচবুকৰ তথ্য, সেই তথ্যৰ বাবে ফেইচবুক কৰ্তৃপক্ষক আৰক্ষীয়ে আবেদন কৰা বুলিও আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে
হত্য-ধৰ্ষণৰ ভাবুকি পোৱাৰ বাবে আত্মগোপন কৰিছিলো
https://assam.nenow.in/papri-banerjee-has-come-out-of-hiding/
181
মৰিয়নীত অবৈধ কাঠৰ কুন্দাসহ ট্ৰেক্টৰ জব্দ ♦ মৰিয়নীঃ ধোদৰ আলিৰ খাটিচোনাত পাঁচটা নাহৰ গছৰ কুন্দাসহ পৰিত্যক্ত অৱস্থাত এখন নম্বৰ প্লেটবিহীন ট্ৰেক্টৰ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।প্ৰথম অৱস্থাত কাঠৰ চোৰাং ব্যৱসায়ীয়ে কাঠৰ কুন্দাকেইটা গিৱন অভয়াৰণ্যৰপৰা চোৰাংকৈ সৰবৰাহ কৰাৰ সময়ত ট্ৰেক্টৰখনৰ বিজুতি ঘটাত কাঠসহ ট্ৰেক্টৰখন এৰি চালক, হেন্দিমেন পলায়ন কৰা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।কৃষকৰ বাবে আৱন্টিত ট্ৰেক্টৰত একাংশ চোৰাং কাঠৰ ব্যৱসায়ীয়ে নিশাৰ এন্ধাৰত কাঠ সৰবৰাহ কৰে বুলি এই ঘটনাই প্ৰমাণ কৰিলে৷ প্ৰাপ্ত তথ্য অনুসৰি কাঠসমূহ তিতাবৰৰপৰা অনি থকা হৈছিল৷ নিশাৰ আন্ধাৰত ৰাইজৰ চকুত ধূলি দি কাঠ সৰবৰাহ কৰি থকালৈ চাই আৰক্ষীও চোৰাং ব্যৱসায়ীৰ লগত জড়িত আছে বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।কাঠখিনি পাছত বন বিভাগে জব্দ কৰিছে।লক্ষাধিক টকা মূল্যৰ কাঠখিনি সৰবৰাহৰ আঁৰত নকছাৰীৰ ৰাজু আগৰৱাল নামৰ লোকজন জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
নিশাৰ আন্ধাৰ গমগমীয়া... চোৰাং বেপাৰীৰ ৰং
https://www.newsnextone.com/mariani-log/#comments
182
মৃত্যুঞ্জয় দাস, সোণাৰি আহোম ৰাজত্ব কালৰ স্মৃতি বিজড়িত চৰাইদেউ মৈদামস্থলীত প্ৰশাসনৰ দুৰ্বল স্থিতিৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু লোকে দীৰ্ঘ দিন ধৰি চলাই থকা বেদখলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে চাৰিটাকৈ জাতীয় সংগঠন।অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, সদৌ টাই আহোম ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থা আৰু টাই আহোম যুৱ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা আজি চৰাইদেউ জিলাৰ উপায়ুক্তক দাখিল কৰা এক স্মাৰক-পত্ৰ যোগে পৱিত্ৰ মৈদামস্থলীৰ মাটি বেদখল কৰা চৰাইদেউ পৰ্বত চাহ বাগিচাৰ লগতে অন্যান্য ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱা হয়।স্মাৰক-পত্ৰখনত সংগঠনেকইটাই কয় যে, সমগ্ৰ ৰাজ্যবাসীৰ আৱেগ জড়িত হৈ থকা ঐতিহাসিক ঠাই দুখনৰ পৱিত্ৰ মাটি বেদখল হোৱাটো কোনোপধ্যে সহ্য কৰা নহ'ব।আজি দাখিল কৰা স্মাৰক-পত্ৰখনৰ যোগেদি চৰাইদেউ মৈদাম এলেকাত হোৱা বেদখল উচ্ছেদ কৰিবলৈ জিলা প্রশাসনক ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হয়।এই সময়সীমাৰ ভিতৰত যদি জিলা প্ৰশাসনে উচ্ছেদৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে সংগঠনসমূহে এই ক্ষেত্ৰত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্মাৰক-পত্ৰখনৰ যোগেদি স্পষ্ট কৰি দিয়া হয়
চৰাইদেউ মৈদামস্থলীৰ বেদখল ২৪ ঘণ্টাৰ ভিতৰত উচ্ছেদ কৰিবলৈ দাবী
https://janambhumi.in/VFdwUk0wNTZVVDA9/%E0%A6%9A%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%A6%E0%A7%87%E0%A6%89-%E0%A6%AE%E0%A7%88%E0%A6%A6%E0%A6%BE%E0%A6%AE%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%B2%E0%A7%80%E0%A7%B0-%E0%A6%AC%E0%A7%87%E0%A6%A6%E0%A6%96%E0%A6%B2-%E0%A7%A8%E0%A7%AA-%E0%A6%98%E0%A6%A3%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A7%B0-%E2%80%8C%E0%A6%AD%E0%A6%BF%E0%A6%A4%E0%A7%B0%E0%A6%A4-%E0%A6%89%E0%A6%9A%E0%A7%8D%E0%A6%9B%E0%A7%87%E0%A6%A6-%E0%A6%95%E0%A7%B0%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88-%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A7%80.html
183
তামুলপুৰঃ সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাৰ নাগ্ৰীজুলিস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰতো মঙলবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি উলহ মালহেৰে পালন কৰা হয়।গুৰুজনাৰ তিৰোভাব তিথি উপলক্ষে সত্ৰত ৰাতিপুৱা আই-মাতৃ সকলে নাম প্ৰসংগ কৰাৰ পিছতেই সত্ৰত উপস্থিত ভক্তবৃন্দই নাম-প্ৰসংগ কৰে।কুমাৰিকাটাৰ খৈৰাবাৰী শংকৰদেৱ শাখা সত্ৰৰ পৰা অহা ভক্তবৃন্দৰ তত্বাৱধানত অনুষ্ঠিত হৰিনাম কীৰ্তনেৰে মুখৰিত হৈ পৰে নাগ্ৰীজুলিৰ আকাশ-বতাহ।মঙলাবাৰে গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপনৰ দিনা সমগ্ৰ নাগ্ৰীজুলি অঞ্চল ভক্তি ৰসত বুৰ যোৱা পৰিলক্ষিত হয়।দিনৰ ১ বজালৈ হৰিনাম কীৰ্তন ধ্বনিৰে আকাশ মুখৰিত হোৱাৰ পিছত প্ৰসাদ বিতৰণৰে সমাপ্ত হয় গুৰুজনাৰ তিৰোভাব তিথি।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
নাগ্ৰীজুলিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন
https://www.newsnextone.com/sankardev-tithi-at-nagrijuli
184
গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰত আজি ৫ জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বৃক্ষৰোপন, স্বচ্ছ অভিযানকে ধৰি সজাগতা মূলক কাৰ্যসূচী ৰূপায়ন কৰে।গোৰেশ্বৰ, নাওকাটা, বাঙালীপাৰা আদিত এই উপলক্ষে আয়োজন কৰা হয় বিভিন্ন দিনজোৰা কাৰ্যসূচীৰ।গোৰেশ্বৰ ব্যৱসায় সমিতিয়ে পৰিৱেশ দিৱস উপলক্ষে গোৰেশ্বৰ ৰেলৱে ষ্টেশ্যন প্ৰাংগনত স্বচ্ছ অভিযানৰ লগতে বৃক্ষৰোপন কৰে।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গাৰোগাওঁ শাখা সমিতিৰ সহযোগত পশ্চিম গাৰোগাওঁ প্ৰাথমিক বিদ্যালয়ত পৰিৱেশ দিৱস পালন কৰাৰ লগতে পৰিষদৰ পূব ডেফেলী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু জাবংপাৰ শাখা সমিতিৰ সহযোগত জাবাংপাৰ শিৱ মন্দিৰ প্ৰাংগনতো বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।ইপিনে শিখৰ এডভেঞ্চাৰ ক্লাৱৰ উদ্যোগত গোৰেশ্বৰ মহাবিদ্যাল প্ৰাংগণত বৃক্ষৰোপন কৰা হয়।আনহাতে গোৰেশ্বৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ উদ্যোগত ৰামছা প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ত বৃক্ষৰোপনকে ধৰি সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰে ছাত্ৰ-ছাত্ৰীসকলে।অসম বিজ্ঞান সমিতি গোৰেশ্বৰ শাখাৰ উদ্যোগতো গোৰেশ্বৰ ছোৱালী হাইস্কুলত পৰিৱেশ দিৱস উদযাপন কৰা হয়।আৰ্যভট্ট চায়েন্স একাডেমি, গোৰেশ্বৰ আৰু জ্ঞানজ্যোতি জাতীয় বিদ্যালয়, বাঙালীপাৰা, বেতনা মজলীয়া বিদ্যালয় আৰু গোৰেশ্বৰ চিআৰপিএফ কেম্পতো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বৃক্ষৰোপন কৰা হয়।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
গোৰেশ্বৰত বিশ্ব পৰিৱেশ দিৱস পালন
https://www.newsnextone.com/world-environment-day-at-goreswar/#comments
185
তেজপুৰঃ ৰাজ্যত পুনৰ সংঘটিত হ'ল বৃদ্ধ নিৰ্য্যাতনৰ ঘটনা।পুনৰ ভূ-লন্ঠিত হ'ল মানৱতা।শোনিতপুৰৰ বালিপৰাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা।কোনো কুলাংগাৰ পুত্ৰ বোৱাৰীৰ নিৰ্য্যাতনৰ বলি এগৰাকী প্ৰায় ৭৫ বছৰীয়া বৃদ্ধা।বৃদ্ধা গৰাকীক পেলাই থৈ গৈছিল ৰাস্তাৰ দাঁতিত৷ বিগত কেইমাহমান পূৰ্বে চাৰিদুৱাৰ আৰক্ষীয়ে ৰাস্তাৰ পৰা এই বৃদ্ধা গৰাকীক উদ্ধাৰ কৰি চাৰিদুৱাৰ ৩০ খন বিচনাযুক্ত গ্ৰামীন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।সেই ভৰ্তি কৰোৱা দিন পৰ্য্যন্ত এই বৃদ্ধা গৰাকীয়ে চিকিৎসালয়খনৰ এটা কোঠাৰ এটা চুকত অতি দূৰ্বিসহ জীৱন অতিবাহিত কৰি আছিল।সৌভাগ্যৱসতঃ এই খবৰ কোনো লোকে আহি বালিপৰাৰ সাংবাদিকক খবৰ দিয়াত উক্ত স্থানত সাংবাদিকৰ এটা দল উপস্থিত হৈ নলবাৰীৰ 365 ৰ সংবাদিক মজিবুৰ ৰহমানৰ লগত যোগাযোগ কৰি তেওঁৰ নলবাৰীস্থিত শান্তি নিৱাস বৃদ্ধা আশ্ৰমত গতাই দিয়া হয়।উল্লেখ্য যে নলবাৰীৰ সাংবাদিক মজিবুৰ ৰহমানে ২৬ জনকৈ বৃদ্ধ ককা-আইতাক সম্পূৰ্ণ নিজৰ খচৰত ৰাখি পোহপাল দি নিজ পুত্ৰৰ দ্বায়িত্ব পালন কৰি মানৱতাৰ এক উজ্বল নিদৰ্শন দাঙি ধৰিছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
পুনৰ ভূ-লন্ঠিত মানৱতা, সাংবাদিকৰ তৎপৰতাত বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ
https://www.newsnextone.com/25th-old-aged-lady-and-gents-in-bridhasram
186
মাৰ্ঘেৰিটাঃ ফেচবুকত এতিয়া যাৰ যি মন যায় তাকেই আপডেট দিব পৰা হৈছে৷ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে ফেচবুকক অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এইবাৰ অসমৰ এগৰাকী বিধায়কক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰে এগৰাকী সাধাৰণ যুৱকে৷ উজনিৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰি ফেচবুকত আপডেট দিয়া যুৱকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে৷ ছ'চিয়েল মিডিয়াক অপব্যৱহাৰ কৰি তিনিচুকীয়া জিলাৰে মাৰ্ঘেৰিটা সমষ্টিৰ জাগুনৰ প্ৰাঞ্জল চুতিয়া নামৰ যুৱকজন আৰক্ষীৰ জালত পৰিব লগা হৈছে৷ যুৱকজনে নিজৰ ফেচবুকত একাউন্টত বৃহস্পতিবাৰে দিনৰ ৪ বাজি ১৯ মিনিটত বিধায়কগৰাকীৰ বিৰুদ্ধে এটা পোষ্ট দিয়ে৷ পোষ্টটোত প্ৰাঞ্জলে কয় "ভাস্কৰ শৰ্মা 7/4/2018 তাৰিখ মই মাৰ্ঘেৰিটাত তাৰ ঘৰত বম দি ঘৰতো উৰাই দিম৷ নহলে মাঘেৰিটাত নেপালী খিনি বেছি তওঁ হইছে"৷ পোষ্টটো দিয়াৰ পিছতেই একাংশ লোকে যুৱকজনক উভতি ধৰি নানান প্ৰশ্ন কৰে৷ কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰা পোষ্টটোৰ বিৰুদ্ধে বিধায়ক ভাস্কৰ শৰ্মাৰ লোকে আৰক্ষীক এজাহাৰ দাখিল কৰে৷ লেখাপানী আৰক্ষীয়ে বৃহস্পতিবাৰে নিশাই প্ৰাঞ্জল চুতিয়া আৰু দীপক বৰগোহাঁই নামৰ আন এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়৷ দুয়োৰে ঘৰ জাগুনৰ ৰামনগৰত বুলি জানিব পৰা গৈছে৷ পোষ্টটোত বিধায়ক শৰ্মা বুলি উল্লেখ নাই যদিও বিধায়কৰ শুভকাংক্ষীয়ে বিধায়ক ভাস্কৰ শৰ্মাক উদ্দেশ্যি পোষ্টটো দিয়া বুলি সন্দেহ কৰা হৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
বোমাৰে উৰুৱাব বিধায়কক
https://www.newsnextone.com/mla-assam-threat-at-fb-margherita-bhaskar/#comments
187
যোগ অসম সংগ্ৰামী মঞ্চৰ।আগস্তৰ পৰা আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ সংগ্ৰামৰ ঘোষণা।অসমৰ পৰা বহু ৰাজহুৱা প্ৰতিষ্ঠানৰ কাৰ্য্যালয় বহিঃৰাজ্যলৈ স্থানান্তৰণেৰে কেন্দ্ৰই উত্তৰ-পূবক প্ৰশাসনিকভাৱে পংগু কৰিব খোজা বুলি অভিযোগ উত্থাপন কৰিছে অসম সংগ্ৰামী মঞ্চই।ভাৰতীয় তেল নিগমৰ অসম দিভিজনৰ কাৰ্য্যালয়টো নামত গুৱাহাটীত ৰাখি বাকী সকলো কাম-কাজ কলকাতালৈ স্থানান্তৰ কৰাৰ উদাহৰণ দি বৃ্হস্পতিবাৰে দলটোৱে এই মন্তব্য কৰিছে।"১৯০১ চনত স্থাপন কৰা এ'চিয়াৰে প্ৰথম ডিগবৈ শোধানাগাৰৰ লগত জড়িত প্ৰশাসনিক তথা বিপণন বিভাগ কৰ্তৃপক্ষই অসমৰ পৰা পশ্চিমবংগৰ কলকাতালৈ লৈ যোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে," এই সিদ্ধান্ত "কোনোপধ্যেই মানি ল'ব নোৱাৰি" বুলি উল্লেখ কৰি দলটোৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাৰ মন্তব্য।বঞ্চনা বন্ধ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গুৱাহাটীত ভাৰতীয় তেল নিগমৰ আঞ্চলিক কাৰ্য্যালয় পূৰ্ণ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ মঞ্চই দাবী জনাইছে।আনহাতে অসমত শাখা থকা ১৬২টা বেংকৰ মাণ্ডলিক কাৰ্য্যালয়ো গুৱাহাটীৰ পৰা কলকাতালৈ স্থানান্তৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলিও বেজবৰুৱাই অভিযোগ তোলে।তেওঁ লগতে কয় যে বেংকসমূহে অসমত বিনিয়োগত গুৰুত্ব দিয়া নাই আৰু অসমৰ পৰা জমা ধনৰ পুঁজি বহিৰ্গমন এক নিয়মত পৰিণত হৈছে।"বেংক ব্যৱস্থাক ৰাজ্য চৰকাৰে ৰাজ্যখনৰ স্বাৰ্থত ব্যৱহাৰ কৰা নাই," চৰকাৰৰ বিৰুদ্ধে তেওঁৰ অভিযোগ।অসমৰ প্ৰাপ্য বহু কাৰ্য্যালয়ো কেন্দ্ৰীয় চৰকাৰে উদ্দেশ্যপ্ৰণোদিতভাৱে ৰাজ্যত প্ৰতিষ্ঠা কৰা নাই বুলিও তেওঁ অভিযোগ কৰে।"কেন্দ্ৰই অতি কৌশলেৰে এই কাম কৰিছে।" দলটোৱে অ' এন জি চিৰ "সৰ্বাধিক লাভজনক গেলেকী তৈলক্ষেত্ৰ" বহুজাতিক কোম্পানি শ্লাম বাৰ্জাৰক গতাই দিবলৈ গ্ৰহণ কৰা সিদ্ধান্তক তৎকালে বাতিলৰ দাবী জনাইছে।তাৰোপৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে ভাৰতীয় জীৱন বীমা নিগমৰ এক মাণ্ডলিক কাৰ্য্যালয় স্থাপনৰো দাবী কৰে অসম সংগ্ৰামী মঞ্চই।একেদৰে ২০১৪ চনৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰি বিজেপি চৰকাৰক ৰাজ্যত ড'নাৰ কাৰ্য্যালয় স্থাপনৰ বাবেও তেওঁলোকে দাবী জনায়।অহা আগষ্ট মাহৰ ভিতৰত উপৰোক্ত দাবীসমূহ পূৰণ নকৰিলে "আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ সংগ্ৰাম" গঢ়ি তোলাৰ অংগীকাৰ দিছে মঞ্চই
উত্তৰ-পূবক প্ৰশাসনিকভাৱে পঙ্গু কৰিছে কেন্দ্ৰই
https://assam.nenow.in/centre-makes-northeast-administratively-disable-alleges-asom-sangrami-mancha/
188
অৰুণাচল প্ৰদেশৰ মাটিত অসমে পথ নিৰ্মাণ কৰাৰ অভিযোগক লৈ অসম-অৰুণাচল প্ৰদেশ আন্ত:ৰাজ্যিক সীমান্তত উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হৈছে।বাতৰি অনুসৰি অসম-অৰুণাচল প্ৰদেশ আন্ত:ৰাজ্যিক সীমান্তত থকা নামনি ছিয়াং জিলাৰ কাংকু ৰাজহ চক্ৰৰ হাইম গাঁৱত অসমৰ ফালৰ গাঁৱৰ বাসিন্দাই আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ পৃষ্ঠপোষকতাত অৰুণাচলৰ মাটিত পথ নিৰ্মাণৰ কাম চলোৱাৰ অভিযোগত উত্তেজনা পূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে।বাতৰিত প্ৰকাশ পাইছে যে আন্ত:ৰাজ্যিক সীমান্তত প্ৰায় ১০০ জন মান অৰ্দ্ধ সামৰিক বাহিনীৰ লোক বাহৰ পাতি আছে আৰু অৰুণাচল প্ৰদেশৰ মাটিত অবৈধভাৱে এটা পথ নিৰ্মাণৰ কাম চলাই থকা অসমৰ গাঁৱবাসীক সুৰক্ষা দি আছে।যোৱা ১৯ মে'ত অৰুণাচলৰ ভূমিৰ ভিতৰত বাস কৰি থকা ১০ টা পৰিয়ালৰ শালি খেতি কৰা মাটিত বালি পেলাই অসমৰ নিৰ্মাণ কোম্পানী অবৈধভাৱে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল।উক্ত পথটোৰ নিৰ্মাণৰ বাবে মিছিং স্বায়ত্ত পৰিষদে কামৰ আৱন্টন দিয়াৰ অভিযোগ উঠিছে।অৱশ্যে, অসম আৰু অৰুণাচল প্ৰদেশৰ জিলা প্ৰশাসনৰ হস্তক্ষেপত দুয়োপক্ষই নিজৰ নিজৰ দিশত পূৰ্বৰ স্থিতাৱস্থা মানি চলিবলৈ সন্মত হৈছিল।জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক দুয়োগৰাকীয়ে ছুটীত আছে বুলি জানিব পৰা গৈছে।ইয়াৰ মাজতে অসমৰ ধেমাজিৰ উপায়ুক্ত ৰশ্নি কোঠাৰীয়ে অঞ্চলটোত কোনো নিৰ্মাণৰ কাম চলাৰ কথা অস্বীকাৰ কৰিছে।অঞ্চলত উদ্ভৱ হ'ব পৰা কোনো অপ্ৰীতিকৰ পৰিস্থিতি প্ৰতিৰোধৰ বাবে অৰ্দ্ধ সামৰিক বাহিনীৰ লোক নিয়োগ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে
পথ নিৰ্মাণক লৈ অসম-অৰুণাচল আন্ত:ৰাজ্যিক সীমান্তত উত্তেজনা
https://assam.nenow.in/%e0%a6%aa%e0%a6%a5-%e0%a6%a8%e0%a6%bf%e0%a7%b0%e0%a7%8d%e0%a6%ae%e0%a6%be%e0%a6%a3%e0%a6%95-%e0%a6%b2%e0%a7%88-%e0%a6%85%e0%a6%b8%e0%a6%ae-%e0%a6%85%e0%a7%b0%e0%a7%81%e0%a6%a3%e0%a6%be%e0%a6%9a/
189
বৰগোহাঁই 17 / 2020 নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰবল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শনিবাৰে সোণোৱাল মন্ত্ৰীসভাত নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব দুজন নতুন মন্ত্ৰীয়ে।মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন আৰু তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে সোণোৱাল মন্ত্ৰীসভাৰ নতুন মন্ত্ৰী হিচাপে পুৱা ৯ বজাত ৰাজভৱনত শপত ল'ব।দুয়োগৰাকী বিজেপি বিধায়কক মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এই বিষয়ে আনুষ্ঠানিকভাৱে ইতিমধ্যে অৱগত কৰা হৈছে।উল্লেখযোগ্য যে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পিছত সোণোৱাল মন্ত্ৰীসভাৰ দুগৰাকী মন্ত্ৰী ক্ৰমে শক্তিমন্ত্ৰী তপন গগৈ আৰু শ্ৰম,নিয়োগ আৰু চাহ জনজাতীয় কল্যাণ দপ্তৰৰ মন্ত্ৰী পল্লৱলোচন দাস সাংসদ হিচাপে নিৰ্বাচিত হোৱা পিছত খালী হৈ পৰিছিল গুৰুত্বপূৰ্ণ বিভাগকেইটা।সেই বিভাগকেইটাৰ বাবে দুয়োগৰাকীৰ বিধায়কে নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব
সোণোৱাল মন্ত্ৰীসভাত নতুন মন্ত্ৰী হিচাপে শনিবাৰে শপত ল'ব যোগেন মহন,সঞ্জয় কিষাণে
https://www.newsasn.com/index.php/node/10729
190
অভয়াপুৰীঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকালত পেট্ৰল-ডিজেলৰ অত্যধিক মূল্যবৃদ্ধি হোৱাৰ ফলত সৰ্বসাধাৰণ ৰাইজে মূৰে-কপালে হাত দিবলগীয়া হৈছে।ক্ৰমাগত ভাবে পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ বিৰুদ্ধে বুধবাৰে সমগ্র অসমতে আছুৱে প্ৰতিবাদ সাব্যস্ত কৰে।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ তুলুঙীয়া ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তৰ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থাই কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুত্তলিকা দাহ কৰি বিজেপি চৰকাৰ মুৰ্দাবাদ, পেট্ৰলিয়াম মন্ত্ৰী হায় হায়, পেট্ৰল-ডিজেলৰ দাম শীঘ্ৰে হ্ৰাস কৰক আদি বিভিন্ন শ্লগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।প্ৰতিবাদী কাৰ্যসূচীত আছুৰ জিলা সমিতিৰ সহকাৰী সম্পাদক জ্যোতি শংকৰ ৰায় উপস্থিত থকাৰ লগতে আঞ্চলিক সমিতিৰ বিষয়-ববীয়া উপস্থিত থাকি ইন্ধনজাত সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনায়।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
উত্তৰ শালমাৰাত আছুৱে দাহ কৰিলে পেট্ৰলিয়াম মন্ত্ৰীৰ পুত্তলিকা
https://www.newsnextone.com/uttar-salmara-aasu-protest/#comments
191
ধুবুৰীত অসমীয়া সাহিত্য- সংস্কৃতিৰ বিকৃত উপস্থাপনেৰে এখন গ্ৰন্থ প্ৰকাশক লৈ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া।উল্লেখযোগ্য যে ধুবুৰীৰ নিউ মহম্মদীয়া পুস্তকালয়ৰ স্বত্বাধিকাৰী, প্ৰকাশক, লেখক মঃ আলীয়ে 'সহজ ব্যাকৰণ আৰু ৰচনা ২য় ভাগ' নামৰ এখন কিতাপ ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ বাবে প্ৰকাশ কৰি উলিয়াইছে।ভুলৰ সমাহাৰেৰে প্ৰকাশ কৰি উলিওৱা উক্ত কিতাপখনক লৈ সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যত।উক্ত কিতাপখনত উল্লেখ থকা অনুসৰি অসমত এটা-দুটা অথবা তিনিটা নহয়, বছৰত ১২টাকৈ বিহু পালিত হয়।আনহাতে প্ৰতি মাহৰ অন্তিম দিনত পালন কৰা হয় বিহু।এনে আজৱ তথা বিকৃত তথ্যৰ বিষয়ে জনাৰ পাছত সাংবাদিকৰ দল এটাই ধুবুৰীৰ এন এছ ৰোডত থকা নিউ মহম্মদীয়া পুস্তকালয়ত উপস্থিত হৈ বিষয়টো জানিব বিচৰাত মঃ আলীয়ে কয় - 'মোৰ ভুল হৈছে।কলকাতাত ছপাইছোঁ আৰু ইতিমধ্যে কেইবাশ কিতাপ বিক্ৰী কৰা হৈছে।এজন শিক্ষকৰ পৰা অভিযোগ পোৱাৰ পাছত উক্ত কিতাপ বন্ধ কৰি দিয়া হৈছে।' উক্ত ঘটনাটো ছ'চিয়েল মিডিয়াযোগে বিয়পি পৰাৰ লগে লগে বিভিন্ন দল, সংগঠনে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু তদন্তৰ দাবী জনায়।ইফালে 'সহজ ব্যাকৰণ আৰু ৰচনা ২য় ভাগ' নিষিদ্ধ কৰা আৰু লেখক মঃ আলী আৰু লেখক ভূইয়া আৰু মোল্লাক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনাই শুকুৰবাৰে সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্তক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে।সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দেৱজিৎ প্ৰধানী আৰু সাধাৰণ সম্পাদক সৌৰভ ভট্টাচাৰ্য স্বাক্ষৰিত স্মাৰক-পত্ৰখনত উল্লেখ কৰা হৈছে যে লেখক দুজনে অসমৰ জাতীয় উৎসৱ বিহুক কিতাপখনত বিকৃত ৰূপত উপস্থাপন কৰিছে।আনহাতে অসম গণ পৰিষদ, ধুবুৰী নগৰ সমিতিৰ তৰফৰ পৰা জিলা উপায়ুক্তক সাক্ষাৎ কৰি লেখক দুজনক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে।ধুবুৰী অগপ নগৰ সমিতিৰ সাধাৰণ সম্পাদক শিমূল সৰকাৰ স্বাক্ষৰিত এখন স্মাৰক-পত্ৰ জিলাৰ উপায়ুক্তক প্ৰদান কৰা হৈছে।ঘটনাটোক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এই ক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব
ধুবুৰীত অসমীয়া সাহিত্য- সংস্কৃতিৰ বিকৃতকৰণেৰে গ্ৰন্থ প্ৰকাশ কৰা লেখক
https://assam.nenow.in/%e0%a6%a7%e0%a7%81%e0%a6%ac%e0%a7%81%e0%a7%b0%e0%a7%80%e0%a6%a4-%e0%a6%85%e0%a6%b8%e0%a6%ae%e0%a7%80%e0%a7%9f%e0%a6%be-%e0%a6%b8%e0%a6%be%e0%a6%b9%e0%a6%bf%e0%a6%a4%e0%a7%8d%e0%a6%af-%e0%a6%b8/
192
নতুন দিল্লীঃ আজি এয়াৰ ইণ্ডিয়াৰ মুম্বাইৰ পৰা নিউয়ৰ্ক অভিমুখে যাত্ৰা কৰা বিমান 191 এখনত বোমা সংস্থাপিত কৰা হৈছে বুলি খৱৰ পোৱাৰ পিচতেই নিউয়ৰ্ক অভিমুখী এই বিমানখন লণ্ডনত জৰুৰীভাবে অৱতৰন কৰোৱা হয়।উল্লেখযোগ্য যে এয়াৰ ইণ্ডিয়াৰ ফ্লাইট নম্বৰ 191" বয়িং ৭৭৭ বিমানখনে মুম্বাইৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা কৰাৰ পিচতেই বিমানখনত বোমা আছে বুলি বাতৰি এটা পোৱাত জৰুৰীভাৱে বিমানখনক জৰুৰীভাৱে লণ্ডনৰ স্টানষ্টেড বিমান বন্দৰত আজি স্থানীয় সময়মতে ৰাতিপুৱা ১০.৩০ বজাত জৰুৰীভাৱে অৱতৰন কৰোৱা হয় বুলি এয়াৰ ইণ্ডিয়াৰ এক সুত্ৰই সংবাদ মাধ্যমক জানিবলৈ দিয়া বুলি প্ৰকাশ।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
এয়াৰ ইন্ডিয়াৰ বিমানত "বোমাতঙ্ক"! লন্ডনত জৰুৰী অবতৰণ
https://www.newsnextone.com/bomb-threat-air-india-tweets-mumbai-newark-flight
193
নাৰায়ণপুৰঃ এখন চাইকেল।চাৰ্কাচত দেখা এটা চকাৰ চাইকেল নহয়।চকা দুটাই, কিন্তু নাই চেইন।বিজ্ঞান আৰু প্ৰযুক্তিৰ ন ন আবিস্কাৰৰ মাজতে এখন চেইনবিহীন চাইকেল আবিস্কাৰ কৰি সকলোকে আশ্চাৰ্যম্বিত কৰিলে এজন বিজ্ঞানৰ ছাত্ৰই।এইখন অসমৰে নাৰায়ণপুৰ মাধৱপুৰৰ অম্লানজ্যোতি ভূঞা এই অবিস্কাৰৰ দাবীদাৰ৷ তেওঁৰ এই অবিস্কাৰে নাৰায়ণপুৰৰ লগতে সমগ্ৰ লখিমপুৰ জিলা তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।নাৰায়ণপুৰ মাধৱপুৰৰ পদ্ম ভূঞা আৰু ভানুমাই ভূঞা ফুকনৰ কনিষ্ঠ পুত্র অম্লানজ্যোতিৰ ভূঞা মাধৱদেৱ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ তৃতীয় ষণ্মাষিকৰ ছাত্র।এই চেইন বিহীন চাইকেলখনৰ পিছ চকাত ফিবুলৰ লগত পেডেল সংযোগ ঘটাই, ফ্ৰেমটো সৰু কৰি ঠাইতে ঘূৰাব পৰাকৈ নিৰ্মান কৰা হৈছে।কঁকাল বিষ থকা লোক আৰু সৰু লৰা-ছোৱালীৰ বাবেও চাইকেলখন উপযোগী হ'ব বুলি অম্লানজ্যোতিয়ে আশা প্ৰকাশ কৰিছে।ইতিমধ্যে চাইকেলখনৰ আবিস্কাৰৰ বিষয়ে ছচিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ লগে লগে সকলোৱা অম্লানৰ এই আবিস্কাৰক প্ৰশংসাৰে উপচাই পেলাইছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
চেইনবিহীন চাইকেল আবিস্কাৰ অম্লানজ্যোতিৰ
https://www.newsnextone.com/new-cycle-made-at-narayanpur
194
ৰাজ্যত ১০৮ মৃত্যুঞ্জয় সেৱাৰ বাহনসমূহ মৃত্যুমুখী হোৱা বুলি সঘনাই চৰ্চিত হৈ থকাৰ সময়তে আজি এই সেৱাৰ সৈতে নতুনকৈ সংযোজিত হৈছে ৭৫ খন নতুন মৃত্যুঞ্জয় এম্বুলেন্স আৰু এখন নৌকা মৃত্যুঞ্জয় এম্বুলেন্স।২০১৮-১৯ বৰ্ষৰ ৰাজ্যিক বাজেটত ঘোষণা কৰা ১৫০ খন নতুন মৃত্যুঞ্জয় এম্বুলেঞ্চ সেৱাৰ ৭৫ খন এম্বুলেন্স আৰু গুৱাহাটীৰ পৰা উত্তৰ-গুৱাহাটী সংযোগী এখন নাইট ভিজন নৌকা এম্বুলেন্স সেৱাৰ আনুষ্ঠানিকভাবে আজি শুভাৰম্ভনি কৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই।উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰি কয় যে অসমৰ স্বাস্থ্যখণ্ডৰ উন্নয়ন সাধন কৰাৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে ২০০৮ চনত এই মৃত্যুঞ্জয় ১০৮ সেৱা আৰম্ভ কৰা হৈছিল।মন্ত্ৰী হিমন্তই লগতে অকপটে স্বীকাৰ কৰি কয় 'মৃত্যুঞ্জয় সেৱা প্ৰৱৰ্তন কৰা হোৱাৰ পাছত ২০১৩-১৪ বৰ্ষত নতুনকৈ এখনো এম্বুলেন্স কিনা হোৱা নাছিল।যাৰ ফলত এনেকুৱা এটা অৱস্থা আহি পাইছিল যে ৩৮০ খন এম্বুলেন্সৰ ২০০ খন এম্বুলেন্সেই বেয়া অথবা মেৰামতিৰ বাবদ এম্বুলেন্স কেইখন পৰি থাকিল গেৰেজত।উক্ত সময়ছোৱাত এই সেৱাৰ অৱনতি ঘটিছিল যদিও ইয়াৰ উত্তৰণৰ বাবে চলোৱা হোৱা নাছিল কোনো ধৰণৰ প্ৰচেষ্টা।' উল্লেখ্য যে যোৱা বৰ্ষৰ পৰা এই সেৱাটো নতুনকৈ উজ্জীৱিত কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা বুলি মত পোষণ কৰি মন্ত্ৰী শৰ্মাই কয়, 'যোৱাবছৰ নৱেম্বৰ মাহত ৯৫ খন অৱনতি ঘটা এম্বুলেন্স আঁতৰাই তাৰ ঠাইত নতুন এম্বুলেন্স সংযোজন কৰা হৈছিল।' ইয়াৰ উপৰি পূৰ্বতে ১০৮ এম্বুলেন্স সেৱা ৰোগীৰ ওচৰলৈ গৈ পোৱাত প্ৰায় ৩০ মিনিটৰ প্ৰয়োজন হৈছিল যদিও বৰ্তমানৰ পৰা এই সময় ১৫ মিনিটলৈ হ্ৰাস কৰাৰ চেষ্টা কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।আনহাতে, অহা ৩ মাহৰ ভিতৰত অন্য ৭৫ খন এম্বুলেন্সৰ সেৱা প্ৰৱৰ্তন কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে শৰ্মাই।লগতে এই অনুষ্ঠানতে মন্ত্ৰী হিমন্তই অহাবছৰৰ পৰা ৰাজ্যৰ স্বাস্থ্যখণ্ডত মৃতদেহ কঢ়িয়াবৰ বাবেও বিনামূলীয়া মৃত্যুঞ্জয় সেৱাৰ সংযোজন কৰা হ'ব বুলি জনায়
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে ৭৫ খন ১০৮ এম্বুলেন্স আৰু এখন নৌকা এম্বুলেঞ্চ
https://assam.nenow.in/%e0%a6%b8%e0%a7%8d%e0%a6%ac%e0%a6%be%e0%a6%b8%e0%a7%8d%e0%a6%a5%e0%a7%8d%e0%a6%af%e0%a6%96%e0%a6%a3%e0%a7%8d%e0%a6%a1%e0%a6%a4-%e0%a6%b8%e0%a6%82%e0%a6%af%e0%a7%8b%e0%a6%9c%e0%a6%a8-%e0%a6%b9/
195
মাৰ্ঘেৰিটাঃ গণৰাজ্য দিৱসৰ পূৰ্বে অৰ্থাৎ যোৱা ২৪ জানুৱাৰীৰ পুৱা অৰুণাচলত সেনাক গ্ৰেনেডেৰ আক্ৰমণ কৰাৰ ঘটনাৰ চাঞ্চল্য আজিও অব্যাগত আছে৷ গ্ৰেনেড আক্ৰমণত এগৰাকী সেনা জোৱানৰ মৃত্যু হৈছিল৷ সেনা জোৱানজন ৰাজস্থানৰ বিকানাৰ জিলাৰ ডিৰাকছাৰৰ বুলি জানিব পৰা গৈছিল৷ নংথাও আৰু খামটিৰ মাজত মঙলবাৰে আলফা আৰু এনএচচিএনে সেনাক লক্ষ্য কৰি আক্ৰমণ কৰাৰ ঘটনাত সেনা জোৱানৰ মৃত্যু হোৱাৰ খবৰ বহু পলমকৈ আহিছিল যদিও সেনাই তীব্ৰ অভিযান অব্যাহক ৰাখিছে আলফা আৰু এনএচচিএনৰ বিৰুদ্ধে৷ বিদ্ৰোহী সংগঠন আলফাই (স্বাধীন) তিনিচুকীয়াৰ অসম-অৰুণাচল সীমান্তত সংঘটিত কৰা ঘটনাৰ সৈতে জৰিত থকাৰ সন্দেহত গজেন খেক নামৰ লোক এগৰাকীক আটক কৰে৷ অসম অৰুণাচল সীমান্তৰ নামথাও ৱাংচুক নামৰ গাঁও খনৰ ৰজনী খেকৰ পুত্ৰ গজেন খেকক আটক কৰি সেনাৰ কেম্পত ৰখা বুলি জানিব পৰা গৈছে৷ তদন্তৰ স্বাৰ্থত অধিক তথ্য সংবাদ মাধ্যমক জনোৱাৰ পৰা বিৰত আছে সেনাই৷ গণৰাজ্য দিৱসলৈ কেইটামান ঘন্টা বাকী থকা অৱস্থাতে অৰুণাচলৰ প্ৰদেশৰ নংথাও আৰু খামটি তথা নামচাইত পৰেশ বৰুৱা নেতৃত্বাধীন আলফাই এই কাণ্ড সংঘটিত কৰিছিল বুলি সন্দেহ কৰা হৈছিল৷ সেনাবাহিনীৰ কনভয়ত আলফা স্বাধীনৰ এটা গোটে ভয়াবহ আক্ৰমণ সংঘটিত কৰে৷ গ্ৰেনেড দলিয়াই আক্ৰমণ কৰে যদিও পুৱাৰ ভাগত হতাহতৰ খবৰ পোৱা হোৱা নাছিল৷ বহু পলমকৈ এই ঘটনাত এজন জোৱানৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছিল৷ গজেন খেকক নিজ ঘৰৰ পৰা ভাৰতীয় সেনাৰ ১১ গ্ৰেনেডিয়াৰ ৰেজিমেন্টৰ এটা দলে আটক কৰিবলৈ সক্ষম হয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
অৰুণাচলৰ গ্ৰেনেড বিস্ফোৰণ সৈতে জৰিত থকাৰ সন্দেহত এজনক আটক
https://www.newsnextone.com/1-arrested-at-arunachal/#comments
196
অৰুণাচল প্ৰদেশৰ ক্ৰীড়া ক্ষেত্ৰত এক উল্লেখযোগ্য সংযোজন ঘটাই শীঘ্ৰে ৰাজ্যখনত চাৰিখনকৈ নতুন আউটড'ৰ ষ্টেডিয়াম নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পথত।নগৰ উন্নয়ণ বিভাগৰ দ্বাৰা নিৰ্মীয়মান ষ্টেডিয়াম কেইখনৰ স্থানসমূহ হৈছে পাপুম পাৰে জিলাৰ য়ুপিয়া, নামনি সোৱণশিৰিৰ জিৰো, পূব ছিয়াঙৰ পাচিঘাট আৰু আপাৰ সোৱণশিৰিৰ ডাপোৰিজো।ইয়াৰে য়ুপিয়াত অৱস্থিত ৫৯.৪৮ কোটি টকা ব্যয়ৰে নিৰ্মিত ষ্টেডিয়ামখনত ১৫,০০০ গৰাকী দৰ্শকৰ বাবে আসনৰ ক্ষমতা থাকিব।ইয়াত ফুটবল খেলৰ সুবিধা, এথলেটিক ট্ৰেক, ড্ৰেছিং ৰূম ইত্যাদিৰ ব্যৱস্থা থাকিব।আনহাতে ৪০.৯০ কোটি টকাৰে নিৰ্মিত পাচিঘাটৰ ষ্টেডিয়ামখনত ১১,০০০ দৰ্শকৰ বাবে আসনৰ ক্ষমতা থাকিব।এই ষ্টেডিয়ামটো য়ুপিয়াৰ ষ্টেডিয়ামত থকা সকলো সুবিধা থাকিব বুলি জানিব পৰা গৈছে।এই দুখন ষ্টেডিয়ামৰ উপৰি জিৰো আৰু ডাপোৰিজোত ক্ৰমে ২৪.৩১ কোটি আৰু ১২.৪১ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা ষ্টেডিয়াম ক্ৰমে ৪,০০০ আৰু ২,০০০ দৰ্শক বহিব পৰা ক্ষমতা থাকিব
অৰুণাচল প্ৰদেশত শীঘ্ৰে মুকলি হ'ব ৪ খন নতুন ষ্টেডিয়াম
https://assam.nenow.in/%e0%a6%85%e0%a7%b0%e0%a7%81%e0%a6%a3%e0%a6%be%e0%a6%9a%e0%a6%b2-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%a6%e0%a7%87%e0%a6%b6%e0%a6%a4-%e0%a6%b6%e0%a7%80%e0%a6%98%e0%a7%8d%e0%a7%b0%e0%a7%87-%e0%a6%ae/
197
জোনাইঃ ক্ৰমান্বয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বান পৰিস্থিতিয়ে৷ নেৰানেপেৰা বৰষুণৰ ফলত পুনৰাই বানৰ কবলত পৰিছে ৰাজ্যৰ বহু অঞ্চল৷ পুনৰ ঘৰ-দুৱাৰ বুৰ যোৱাত হাহাকাৰ কৰিব লগা বহু লোক৷ শেহতীয়াকৈ জোনাই মহকুমাৰ শতাধিক গাঁও বানৰ কবলত পৰিছে।মহকুমাটোৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ মৰা দিখাৰী গাঁৱৰ পানীত বুৰগৈ থকা এটা পৰিয়ালে নিৰাপদ আশ্ৰয় বিছাৰি আবেলি ৩ টামান বজাত নাৱেৰে আহি থাকোতে দিখাৰী কমলপুৰত নাওখন দুৰ্ঘটনাত পতিত হয়।নাওৰ পৰা পৰি ৰাজু ওৰফে ভাইটি ৰাভাৰ (৭) মৃত্যু হয়৷ সৰু ৰাভাৰ পৰিয়ালটো নাওখনত আহি থাকোতেই তিনিটা সন্তানসহ পানীত পৰে৷ দুটি সন্তান আৰু খোদ সৰু ৰাভাই প্ৰাণ বচাবলৈ সক্ষম হয় যদিও পুত্ৰ ভাইটিৰ মৃতদেহ বহু সময়ৰ মূৰকত উদ্ধাৰ হয়৷ আনহাতে পত্নী পদ্মা ৰাভাৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই৷ ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত আছিল যদিও উদ্ধাৰ কৰিব পৰা নাই পদ্মাক৷ নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত জোনাই মহকুমাৰ লালীপৰীয়া বহু অঞ্চল বানত প্লাৱিত হয়।বিশেষকৈ কবু চাপৰি, বেৰা চাপৰি, মুনমোনি চাপৰি আদিৰ লগতে চিলে, বাহিৰ জোনাই, গালী, বিজয়পুৰ, লাইমেকুৰী আৰু ৰামধন দিখাৰী পঞ্চায়তৰ বিস্তীৰ্ণ এলেকা পানীত ডুব যায়৷ ইমানৰ পিছতো চৰকাৰ তথা প্ৰশাসনে খবৰ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
জোনাইত বানত উটি গ'ল মাতৃ, ৭ বছৰীয়া পুত্ৰৰ মৃত্যু
https://www.newsnextone.com/one-died-one-missing-jonai-flood/#comments
198
ডিজিটেল ডেস্কঃ মনোজ মুকুন্দ নাৰাভানে, সেনাপ্ৰধান, ভাৰত।বীৰ শিৱাজীৰ মাতৃভূমি মহাৰাষ্ট্ৰৰ সন্তান তেওঁ ৷ মাথোঁ ১৬বছৰ বয়সতে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা প্ৰতিষ্ঠান ভৰ্তি হোৱা নাৰাভানে আজি ভাৰতীয় সেনাৰ মুৰব্বী৷ তেওঁ নেতৃত্ব প্ৰদান কৰিছে দেশৰ ১৩লক্ষ সৈন্যবাহিনীক৷ তেওঁ হৈছে দেশৰ ২৮সংখ্যক সেনাপ্ৰধান৷ অনেক উগ্ৰবাদবিৰোধী অভিযানৰ অভিজ্ঞতাৰে পুষ্ট জেনেৰেল নাৰাভানে বন্ধু-বান্ধৱ আৰু চিনা-পৰিচিতজনৰ ওচৰত মাটিৰ মানুহৰূপে পৰিচিত৷ নতুন আৰু পুৰণি সকলো বন্ধুৱেই নাৰাভানে অতি বিনয়ী আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী মৰমিয়াল ব্যক্তিৰূপে আখ্যা দিয়ে৷ ২০২২ত ৬২বছৰ বয়সত তেওঁ অৱসৰ গ্ৰহণ কৰিব৷ অধ্যৱসায় আৰু ঐকান্তিক প্ৰচেষ্টাৰ বলত সফলতাৰ উচ্চ শিখৰত আৰোহন কৰা জেনেৰেল নাৰাভানেৰ জন্ম হয় ১৯৬০ত পুনেত৷ তেওঁৰ পিতৃ বায়ুসেনাৰ বিষয়া আৰু মাতৃ 'আকাশবাণী'ৰ ঘোষিকা আছিল৷ সৰুৰে পৰা মেধাবী নাৰাভানেৰ এজন বন্ধু হ'ল লেখক তথা প্ৰখ্যাত ইতিহাসবিদ ৰাজা ভাছিন৷ যোৱা ডিচেম্বৰত ভাৰতীয় সেনাৰ মুৰব্বীৰূপে নাৰাভানেই পদোন্নতি লাভ কৰাত ভাছিনে উৎফুল্লিতভাৱে মন্তব্য কৰে যে নাৰাভানে প্ৰকৃতাৰ্থতে এজন বিনয়ী ব্যক্তি৷ আনহাতে, নতুন পদোন্নতি লাভ কৰাৰ পাছত অনুভৱ ব্যক্ত কৰি নাৰাভানেই কয়, "এয়া বৃত্তিৰ এটা অংশ৷" নাৰাভানেৰ পত্নীৰ নাম বীণা নাৰাভানে আৰু তেওঁলোকৰ আছে দুটি কন্যা সন্তান।চীনৰ সামৰিক কুচকাৱাজ সন্দৰ্ভত আটাইতকৈ বেছি জ্ঞান থকা সেনা বিষয়া হিচাপে পৰিচিত ব্যক্তিজনেই হৈছে নাৰাভানে।জম্মু-কাশ্মীৰৰ লগতে উত্তৰ-পূৱতো সুদীৰ্ঘ সময় কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট তেওঁ।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
দেশৰ নতুন সেনা প্ৰধান নাৰাভানেৰ বিষয়ে জানো আহক
https://www.newsnextone.com/know-about-lieutenant-general-manoj-mukund-naravane
199
ডিজিটেল ডেস্কঃ ফ্লৰিডা নিবাসী ১৪৫ কেজি ওজনৰ বেৰোনিকা পোজে নামৰ ৬৪ বছৰীয়া এগৰাকী মহিলাই শাস্তি হিচাপে নিজৰেই ৯ বছৰীয়া সম্বন্ধীয় ভনীয়েকৰ ওপৰত বহি দিয়ে।ইয়াৰ পিছতেই উশাহ নিশাহ বন্ধ হৈ শিশুটিৰ মৃত্যু হয়।হত্যাকাৰী পোজেই অনুসন্ধানকাৰীক জানিবলৈ দিয়া মতে তেওঁৰ ভনীয়েক ডেৰিকা লিণ্ডেচ বহুত উৎপতীয়া।সেই মুহূৰ্ততো ডেৰিকাই উৎপাত কৰি আছিল সেই কাৰণে শাস্তি দিবৰ বাবে তাই ডেৰিকাৰ ওপৰত বহি দিয়ে।পোজেই বহাৰ কিছু মূহুৰ্তৰ পিছতে ভনীয়েক ডেৰিকাৰ উশাহ নিশাহ বন্ধ হৈ বেহুঁচ হৈ পৰে।পোষ্টমর্টেম ৰিপৰ্ট অনুসৰি ১৪৫ কেজি ওজনৰ পোজে বহাৰ পিছত তিনি ফুট ওখ আৰু ৩৩ কেজি ওজনৰ ডেৰিকাৰ হৃদযন্ত্ৰই কাম কৰা বন্ধ কৰি দিয়ে, আৰু তাৰ ফলতেই মৃত্যু ঘটে শিশুটিৰ।ডেৰিকাৰ মাতৃ গ্ৰেচ স্মিথে কয় যে তেওঁৰ পুত্ৰী ডেৰিকা লগাতকৈ বেছি উৎপতীয়া আৰু তেওঁ তাইক শাসনলৈ আনিব নোৱাৰি ভতিজী পোজেক মাতিছিল।কিন্তু তেওঁ কল্পনাও কৰা নাছিল এনে এটা ঘটনাৰ।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
শাস্তি দিবলৈ ১৪৫ কিলো ওজনৰ মহিলা বহিল ৯ বছৰীয়া শিশুৰ ওপৰত
https://www.newsnextone.com/sitting-on-child-news/#comments
200
শিৱসাগৰ জিলা কাৰাগাৰত আজি এগৰাকী কয়দী ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।হঠাতে অসুস্থ হৈ মৃত্যুক সাবটি লোৱা কয়দীজনৰ নাম হৈছে ৰিজু বুঢ়াগোঁহাই।কাৰাগাৰখনৰ ফাৰ্মাচিষ্টজনৰ মতে হৃদযন্ত্ৰ বন্ধ হৈ পৰাৰ ফলত লোকজনৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে।আনহাতে মৃত ৰিজু বুঢ়াগোঁহাইৰ ভাতৃ বিজু বুঢ়াগোঁহাইয়ে তেওঁৰ ভাতৃক হত্যা কৰা হৈছে বুলি অভিযোগ আনে।তেওঁৰ মতে আৰক্ষী, জেইল কৰ্মচাৰী আৰু জুলি শইকীয়া নামৰ এগৰাকী মহিলা লগ লাগি ৰিজুক পৰিকল্পিতভাবে হত্যা কৰে।কালি অৰ্থাৎ ২৬ অক্টোবৰত কাৰাগাৰত সাক্ষাৎ কৰাৰ সময়ত ৰিজু সম্পূৰ্ণ সুস্থ আছিল বুলি সংবাদ মাধ্যমৰ আগত তেওঁৰ ভাতৃয়ে কয়।জিলা দণ্ডাধীশৰ উপস্থিতিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত লোকজনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয়।মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে মৃত্যুৰ কাৰণ স্পষ্ট হ'ব।উল্লেখযোগ্য যে শিৱসাগৰত ধাৰাবাহিকভাৱে নামঘৰত সংঘটিত হোৱা চুৰি ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ৰিজু বুঢ়াগোহাঁয়ে যোৱা ২৮ আগষ্টৰ পৰা শিৱসাগৰ জেলত কাৰাবাস খাটি আছিল।মৃত ৰিজু বুঢ়াগোঁহাইৰ ঘৰ শিৱসাগৰৰ নকটানিত।মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে এটি দিব্যাংগ সন্তানক এৰি থৈ গৈছে
শিৱসাগৰ জিলা কাৰাগাৰত কয়দীৰ মৃত্যু; হত্যাৰ অভিযোগ ভাতৃৰ
https://assam.nenow.in/inmate-of-sivasagar-district-jail-dies-brother-alleges-murder/