id
stringlengths
1
5
input
stringlengths
537
2k
target
stringlengths
21
203
url
stringlengths
28
1.53k
301
ডিজিটেল ডেক্স,খাৰুপেটীয়া: হোজাই সমষ্টিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে আজি দৰং জিলা মুছলিম ছাত্ৰ সন্থাই দলগাঁও থানাত আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধুলা থানাত এজাহাৰ দাখিল কৰে।গুৱাহাটীত হোৱা বোমা বিস্ফোৰণৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ ঈদ আৰু মহৰমৰ সময়ত মুছলমান এলেকাত বোমা বিস্ফোৰণ কৰিবলৈ আলফা (স্বা) ৰ সেনাধক্ষ্য পৰেশ বৰুৱাক প্ৰত্যাহব্বান জনাইছিল শিলাদিত্যই বিধায়কজনৰ এনে উচটনিমূলক মন্তব্যৰ বিৰুদ্ধে গৰজি উঠিছে মুছলিম ছাত্ৰ সন্থাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা বিধায়কজনক গ্ৰেপ্তাৰৰ দাবী সংগঠণদুটাৰ । ফখৰুল ইছলাম আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
দলগাওঁ আৰু ধুলাত বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে গোচৰ
https://www.newsnextone.com/nagaon_dhula_against_shiladitya
302
তেজপুৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক আধুনিক যুগৰ ধৃতৰাষ্ট্ৰ আখ্যা স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিজেপি পাণ্ডৱ আৰু কংগ্ৰেছক কৌৰৱৰ দল আখ্যা দিয়ে।একেদৰে, তেজপুৰ লোকসভাত সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পল্লৱলোচন দাসে এইবাৰ কমেও দুইলাখ ভোটত জয়ী হব বুলি শৰ্মাই দাবী কৰে।শৰ্মাই লগতে কয় যে গোৰ্খা জনগোষ্ঠীৰ লোকসকল বিজেপিৰ লগত আছে।মই অথবা সৰ্বানন্দ সোণোৱালে বিজেপি নকৰিলেও গোৰ্খাসকলে বিজেপিয়েই কৰিব যাব, ইয়াৰ বিপৰীত মন্তব্যবোৰ কেৱল অপপ্ৰচাৰহে।কলিয়াবৰত এটা অঞ্চল সন্দেহযুক্ত লোকেৰে ক্ষুদ্ৰ বাংলাদেশ হৈ আছে।আনহাতে, অনুষ্ঠানতেই তেজপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী এমজিভিকে ভানুৰ সম্পূৰ্ণ নামটোক জনা-নজনাক কেন্দ্ৰ কৰি কৰ্মকৰ্তাসকলৰ মাজত হিমন্তই এক ব্যংগাত্মক কুইজ প্ৰতিযোগিতা আয়োজন কৰি কৰ্মকৰ্তাসকলৰ মাজত হাঁহিৰ খোৰাক যোগায়।সভাখনৰ আৰাম্ভণিতে বিন্দুকুৰি পঞ্চায়তৰ প্ৰাক্তন সভাপতি তুলসী বৰাৰ নেতৃত্বত শতাধিক যুৱকে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
তৰুণ গগৈ আধুনিক যুগৰ ধৃতৰাষ্ট্ৰঃ মন্ত্রী হিমন্ত বিশ্ব
https://www.newsnextone.com/tezpur-himanta-tarun
303
ভেঁকো-ভাওনাত পৰিণত নিৰ্বাচন আয়োগৰ ঘোষণা,এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থীৰ ঘৰত নাই পকী শৌচাগাৰ,কেনেকৈ পালে জিলা পৰিষদত যুজাঁৰ অনুমতি ??? নগাঁও,২০নবেম্বৰঃ প্ৰহসনত পৰিণত ৰাজ্যিক নিৰ্বাচন আয়োগৰ ঘোষণা।জিলা পৰিষদৰ প্ৰাৰ্থীৰ ঘৰত নাই কোনো পকী শৌচাগাৰ।পিছে চিমেণ্টৰ বেগেৰে বনোৱা শৌচাগাৰ আছে দুটা।ঘৰত শৌচাগাৰ নথকা সত্বেও জিলা পৰিষদৰ সদস্য হিচাপে অৱতীৰ্ণ হোৱাৰ অনুমতি কেনেকৈ পালে প্ৰাৰ্থীয়ে? এই ঘটনা সংঘটিত হৈছে বটদ্ৰৱা সমষ্টিৰ হাতীচোং জিলা পৰিষদত ৷ এই কথা পোহৰলৈ অহাৰ লগে লগে বৰ্তমান ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যতে এতিয়া পঞ্চায়ত নিৰ্বাচনী গৰম বতাহ।পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হবলৈ হলে ইতিমধ্যে প্ৰাৰ্থীৰ যোগ্যতাৰ মাপকাঠী নিৰূপন কৰিছে ৰাজ্যিক নিৰ্বাচনী অায়োগে।নিৰ্বাচন আয়োগৰ বিধি অনুসৰি,পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী গৰাকীৰ ঘৰত থাকিব লাগিব পকী শৌচাগাৰ।তদুপৰি মনোনয়ন পত্ৰৰ লগত প্ৰাৰ্থীয়ে তেওঁৰ ঘৰত থকা পকী শৌচাগাৰ থকাৰ প্ৰমান হিচাৱে দাখিল কৰিব লাগিব যাৱতীয় প্ৰমাণ পত্ৰ আৰু পায়খানা থকাৰ হলফনামাও।পঞ্চায়ত আইন ( সংশোধনী ) ২০১৮ ৰ জৰিয়তে এই নতুন নিয়ম প্ৰযোজ্য কৰা হৈছে।কিন্তু বটদ্ৰৱা সমষ্টিত এই বিধি উলংঘা কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছে এগৰাকী মহিলা প্ৰাৰ্থী৷ প্ৰাৰ্থীগৰাকীৰ নাম মুৰ্চিদা খাতুন।বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ১০ নং হাতীচোং জিলা পৰিষদৰ সদস্যা হিচাপে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।পিছে এইগৰাকী প্ৰাৰ্থীৰ ঘৰত নাই কোনো পকী শৌচাগাৰ।তাৰ বিপৰীতে আছে দুটাকৈ চিমেণ্টৰ বেগেৰে জোৰা টাপলি মাৰি সজোৱা শৌচাগাৰ।পিছে প্ৰাৰ্থী গৰাকীৰ বাসগৃহ কিন্তু পকী।অৱশ্যে প্ৰাৰ্থী গৰাকীয়েও অসম পঞ্চায়ত অাইন ২০১৮ ৰ আৰু পঞ্চায়ত নিয়মৰ বিষয়ে একো নাজানে বুলিও সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।অানহাতে অঞ্চলটোৰ স্থানীয় চৰকাৰী গাওঁবুঢ়াৰ পৰাও পকী শৌচাগাৰ থকাৰ কোনো প্ৰমান পত্ৰ লোৱা নাই বুলিও গাঁওবুঢ়াই জানিবলৈ দিছে।অসম পঞ্চায়ত অাইন ২০১৮ অাইন আৰু ৰাজ্যিক নিৰ্বাচন আয়োগৰ ঘোষণা তথা নীতি নিদেৰ্শনা উলংঘা কৰা এইগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে ৰাজ্যিক নিৰ্বাচনী অায়োগে এতিয়া কি ব্যৱস্থা গ্ৰহন কৰিব বুলি সমষ্টিটোৰ বিভিন্ন ৰাজনৈতিক মহলে প্ৰশ্ন উখাপন কৰিছে।এইক্ষেত্রত ৰাজ্যিক নিৰ্বাচন আয়োগে কি ব্যৱস্থা গ্রহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব৷ জয়ন্ত মুদৈ,নগাঁও
ঘৰত পকী শৌচাগাৰ অবিহনেই পঞ্চায়তৰ নিৰ্বাচনত অৱতীৰ্ন হৈছে এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী
https://www.newsnextone.com/print/16833
304
াফ ৰিপ'ৰ্টাৰ 16 / 2019 বিধেয়কী বিলৰ বিৰোধিতা কৰি গোলাঘাটৰ কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা তিনি ছাত্ৰ নেতা, সদৌ চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক মহেন বৰা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়া, জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সাংগঠনিক সম্পাদক ৰাজীৱ লস্কৰে কাৰাগাৰৰ ভিতৰতে অনশন কাৰ্যসূচী গ্ৰহণ কৰি ক্ৰমাৎ অসুস্থ হৈ গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।বিভিন্ন দল-সংগঠনে ছাত্ৰ নেতা কেইজনৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আজি পুৱা সাংসদ গৌৰৱ গগৈয়ে চিকিৎসালয়ত উপস্থিত হৈ তিনি নেতাকে সাক্ষাৎ কৰে।তিনিওজন ছাত্ৰ নেতাই জাতিধ্বংসী বিধেয়কী বিলৰ বিৰুদ্ধে সাংসদজনক ৰাজ্যসভাত সৱল স্থিতি অক্ষুন্ন ৰাখিবলৈ আহ্বান জনায়।যদিও সাংসদজনে বিধেয়ক বিলৰ বিৰুদ্ধে শক্তিশালী ভূমিকা গ্ৰহণ কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰে
কাৰাৰুদ্ধ তিনি অনশনকাৰীক সাক্ষাৎ সাংসদ গৌৰৱ গগৈৰ
https://www.newsasn.com/node/4328
305
টিহুত চলন্ত গাড়ীত এগৰাকী বিবাহিতা মহিলাক বলাৎকাৰ কৰা ঘটনাৰ লগত জড়িত অন্তিম পাঁচ নম্বৰ অভিযুক্তজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।টিহু আৰক্ষীয়ে নলবাৰী জিলাৰ আৰিকুছিৰ পৰা সোমবাৰে গ্ৰেপ্তাৰ কৰা অভিযুক্তজনৰ নাম হৈছে মেৰাজুল হক।ইয়াৰ পূৰ্বে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত আন চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।বলাৎকাৰৰ বলি হোৱা মহিলাগৰাকীৰ ভাষ্যত কোৱা হৈছিল যে মুঠতে পাঁচজন পাষণ্ড ঘটনাটোত জড়িত আছিল।প্ৰথমতে গাড়ীখনত তিনিজন আছিল আৰু পাছত আন দুজনে যোগ দিছিল।উল্লেখযোগ্য যে যোৱা ২৪ অক্টোবৰত লক্ষ্মী পূজাৰ নিশা এগৰাকী বিবাহিত মহিলাক এখন গাড়ীৰ ভিতৰত ৫ জন নৰপিশাচে দলবদ্ধভাৱে বলাত্কাৰ কৰিছিল।উক্ত লোককেইজনে এ এছ-০১-ডি জি-৩০৫৬ নম্বৰৰ এল্ট' গাড়ীত উঠাই দলবদ্ধভাৱে ধৰ্ষণ কৰি পাছত হাত-ভৰি বান্ধি টিহু চ'কৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগৰ খাৰাধৰাৰ কৰ্কাবাৰী ফৰেষ্ট গে'টৰ সন্মুখত পেলাই থৈ গৈছিল।এই ঘটনা সংক্ৰান্তত ভুক্তভোগী মহিলা গৰাকীৰ পৰিয়ালৰ লোকে টিহু আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল।ইয়াৰ পাছতে আৰক্ষীয়ে তৎপৰতাৰে অভিযান আৰম্ভ কৰি দলটোৰ দুগৰাকী অভিযুক্ত নুৰুল আলী আৰু বকুল নাথক আটক কৰিবলৈ সক্ষম হৈছিল।তাৰপাছত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছিল আন এজন অভিযুক্ত কিশোৰ মোহন দাস।তেওঁক বাক্সা জিলাৰ মুছলপুৰৰ গলবিলৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।উক্ত যুৱকজনৰ এল্ট' বাহনতে দলবদ্ধ ধৰ্ষণকাণ্ডটো সংঘটিত হৈছিল।আনহাতে, ঘটনাত জড়িত চতুৰ্থজন অভিযুক্ত ৰূপধন আলীক ৰঙিয়াৰ পুঠিমাৰীৰ পৰা টিহু আৰক্ষীয়ে আটক কৰিছিল।সোমবাৰে, ঘটনাৰ লগত জড়িত অন্তিম পাঁচ নম্বৰ অভিযুক্ত মেৰাজুল হকক গ্ৰেপ্তাৰ কৰাৰ লগে লগে আটাইকেইজন অভিযুক্তকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল
টিহুৰ জঘন্য বলাৎকাৰ কাণ্ড : পঞ্চমজন অভিযুক্তকো গ্ৰেপ্তাৰ আৰক্ষীৰ
https://assam.nenow.in/fifth-accused-of-gang-rape-in-tihu-arrested/
306
মাৰ্ঘেৰিটাঃ উজনি অসমত পুনৰ আৰক্ষীৰ জালত পৰিছে গোৰ্খা লিবাৰেশ্যন আৰ্মীৰ সদস্য।যোৱা ১৬ জুনত তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ৰামপুৰ পাঁচ মাইলৰ পৰা আটক কৰা সংগঠনটোৰ ৰাজেশ লামা নামৰ সদস্যজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি গোলাঘাটৰ চুঙাজানৰ পৰা উক্ত সদস্যজনক কৰায়ত্ত কৰে।প্ৰাপ্ত বাতৰি মতে, ৰাজেশৰ স্বীকাৰোক্তি অনুসৰি আজি পুৱতি নিশা চুঙাজান অঞ্চলত অভিযান চলাই বাবু কোঁৱৰ নামৰ গোৰ্খা লিবাৰেশ্যন আৰ্মীৰ সদস্যজনক কৰায়ত্ত কৰিবলৈ সমৰ্থ হয়।ধৃত উগ্ৰপন্থী সদস্য বাবু কোঁৱৰক সম্প্ৰতি জাগুণ আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, গোৰ্খালেণ্ডৰ দাবীৰে নতুনকৈ গঠিত হোৱা উগ্ৰপন্থী সংগঠনটোৱে সীমান্তৱৰ্তী অঞ্চলটোত কয়লা ব্যৱসায়ীকে ধৰি অন্যান্য ব্যৱসায়ীসকলৰ পৰা ব্যাপক ধনদাবী আৰম্ভ কৰিছে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।এনেদৰে ৰাজ্যত পুনৰাই আন এক উগ্ৰপন্থী সংগঠনৰ আত্মপ্ৰকাশ কৰা কাৰ্যই আৰক্ষীক চিন্তিত কৰি তুলিছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
পুনৰ আৰক্ষীৰ জালত গোৰ্খা লিবাৰেশ্যন আৰ্মীৰ সদস্য
https://www.newsnextone.com/gorkha-liberation-member-arrested-from-golaghat
307
হাতীগাঁওঃ আক্ষৰিক অৰ্থতে ঘোঁৰামাৰাৰ শিৱম উপ-পথত কেৱল ঘোঁৰাৰেহে যেন যাতায়ত কৰিবপৰা যায়।মানুহৰ যাতায়তৰ বাবে এতিয়াও উপযুক্ত হোৱা নাই এই শিৱম পথ।শিৱম পথত যাবলৈ হ'লে ভোলানাথৰ কৈলাশধামত যোৱাৰ দৰেই দুৰ্গম অভিজ্ঞতাৰ সন্মুখীন হ'বলগা হয় প্ৰতিজন লোকে।ৰাজধানী চহৰৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত থকা উক্ত পথছোৱা বাৰিষাৰ ছমাহে জলমগ্ন হৈ থাকে।বহু পৰিয়ালে বসবাস কৰা এই উপ-পথটোত স্বচ্ছ অভিযানৰপৰা আৰম্ভ কৰি কোনো সভ্য সমাজৰ আঁচনিয়েই ভালদৰে ঢুকি নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে।'ৰাস্তা বুলিবলৈ একো নাই, আমি ল'ৰা-ছোৱালীক কান্ধত তুলি স্কুললৈ নিব লগা হয়'- এই মন্তব্য স্থানীয় লোকৰ।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ঘোঁৰামাৰাৰ শিৱম পথ যেন ঘোঁৰাৰ বাবেহে
https://www.newsnextone.com/ghoramara-sibam-by-lane-in-worse-condition
308
ন'য়ডাঃ ৰাষ্ট্ৰীয় পতাকা কেৱল ফালি পেলোৱাই নহয়, তাৰপিছত সেইখন ডাষ্টবিনত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে অপ্প'ৰ এজন কৰ্মচাৰীৰ বিষয়ে।মঙলবাৰে আৰক্ষী চকীত এই অভিযোগ দাখিল কৰে সেই কোম্পানীৰে এজন প্ৰত্যক্ষদৰ্শী কৰ্মচাৰীয়ে।ন'য়ডাৰ চেক্টৰ ৬৩ ত থকা চীনৰ এই ম'বাইল কোম্পানীটোৰ বিৰুদ্ধে আজি কাৰ্যালয়ৰ সমুখত কৰ্মচাৰীকে ধৰি বহুলোকে প্ৰতিবাদ সাব্যস্ত কৰে।জাতীয় পতাকাৰ অৱমাননাৰ এই অভিযোগৰ বিষয়টো আৰক্ষীয়ে গুৰুত্বসহকাৰে লৈছে।উল্লেখ্য যে পতাকাখন ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱস উপলক্ষে বেৰত লগাই থোৱা হৈছিল।সেই পতাকাখন সোমবাৰে কাৰ্যালয়টোৰ কৰ্মচাৰী এজনে এৰুৱাই আনি ফালি ডাষ্টবিনত পেলাই দিয়ে।এই ঘটনাৰ প্ৰতিবাদত হোৱা প্ৰদৰ্শন হিংসাত্মক হ'বলৈ ধৰোতেই নিয়ন্ত্ৰণৰ বাবে আৰক্ষী মোতায়েন কৰিবলগা হয়।প্ৰতিবাদকাৰীসকলে কোম্পানীটোৰ অভিযুক্ত চীনা প্ৰডাক্সন মেনজাৰজনক আটক কৰাৰ বাবে দাবী জনায়।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
জাতীয় পতাকাক অৱমাননা, অপ্প'ৰ কৰ্মচাৰীক গ্ৰেপ্তাৰৰ দাবী ন'য়ডাত
https://www.newsnextone.com/noida-oppo-mobile-compaby-production-manager-faces-protest-over-throwing-india-national-flag/#comments
309
বুধবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি প্ৰদ্যুত বৰদলৈক এইদৰে কটাক্ষ কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে।তদুপৰি, প্ৰদ্যুত বৰদলৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ বাবেই এনেদৰে বাৰম্বাৰ কয়লা চিণ্ডিকেটৰ প্ৰসংগৰে মুখ্য মন্ত্ৰীক আক্ৰমণ কৰি থকা বুলি মন্তব্য কৰে গোস্বামীয়ে।তেওঁ কয় 'সাংসদ বৰদলৈয়ে এইবাৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হোৱাৰ মন মেলিছে...সেয়ে, অসম চৰকাৰ আৰু মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়টোক ঢাল হিচাপে লৈ কংগ্ৰেছ হাইকমাণ্ডৰ মন জয় কৰিব বিচাৰিছে।' ইপিনে, মাৰ্ঘেৰিটাৰ কয়লা চিণ্ডিকেট সন্দৰ্ভত অভিযোগ উত্থাপন কৰা প্ৰদ্যুত বৰদলৈক উভটি ধৰি গোস্বামীয়ে কয় 'মাৰ্ঘেৰিটাৰ পৰা বৰদলৈ ১৮ বছৰে বিধায়ক হৈ আছিল।কয়লাৰ চিণ্ডিকেটটো তেওঁৰ কালছোৱাতেই আৰম্ভ হৈছিল।তেওঁৰ দিনতেই কয়লাৰ চিণ্ডিকেট চলিছিল।' ইপিনে, তেওঁ সোণোৱাল চৰকাৰৰ দিনত চিণ্ডিকেটৰ সৈতে জৰিত থকাৰ অভিযোগত কিমানক গ্ৰেপ্তাৰ কৰিলে আৰু কিমান কয়লা জব্দ কৰিলে তাৰ এক তথ্য দাঙি ধৰে।'১.৬.২০১৬ ৰ পৰা ৩১.৬.২০১৬ লৈ ৫৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে কয়লা চিণ্ডিকেটত জড়িত থকাৰ অপৰাধত।২০১৯ৰ জুনৰ ২৩ তাৰিখলৈ মুঠ গোচৰ ১৬টা, ৯ ট্ৰাক কয়লা জব্দ আৰু ২১ জন গ্ৰেপ্তাৰ কৰা হৈছে।এই তথ্যই বুজাই যে সৰ্বানন্দ সোণোৱালৰ দিনত চিণ্ডিকেট চলিছে নে ইয়াৰ বিৰুদ্ধেহে ব্যৱস্থা লোৱা হৈছে।' গোস্বামীয়ে এইদৰে কয়।তেওঁ লগতে কয় 'বৰদলৈ যেতিয়া শক্তি মন্ত্ৰী আছিল ৫০ হাজাৰটা বাঁহৰ খুঁটাৰে বিদ্যুত পৰিবহণ কৰা হৈছিল।কংগ্ৰেছৰ শাসনকালত গঁড় হত্যা হৈছিল...কেৱল ক্ষমতাৰ লালসাত মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ক আক্ৰমণৰ লক্ষ্য কৰি লৈছে প্ৰদ্যুত বৰদলৈয়ে।' উক্ত সংবাদমেলত তেওঁৰ সৈতে বিজেপিৰ বিধায়ক নুমল মমিন, ৰাজ্যিক বিজেপিৰ অন্য এগৰাকী মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা, সুভাষ দত্ত আৰু জনসম্পৰ্কৰক্ষী বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল উপস্থিত থাকে
সাংসদ হৈ ৰত্নাকৰৰ পৰা বাল্মীকি হ'বলৈ চেষ্টা কৰিছে প্ৰদ্যুত বৰদলৈয়ে
https://assam.nenow.in/pradyut-bodoloi-is-trying-to-become-valmiki-from-ratnakar-says-assam-bjp/
310
জিয়াউল আলী, লখিমপুৰঃ লখিমপুৰৰ লালুকৰ ১ নং কৰুনাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ নিয়ন্ত্ৰন হেৰুৱাই পথৰ দাতিত বাগৰিল এখন স্কুল বাছ৷ হাৰমতিৰ জ্ঞান অকাডেমীৰ ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই নিছিল বাছখনে৷ দুৰ্ঘটনাটোত দহ জনৰো অধিক ছাত্ৰ-ছাত্ৰী আহত হয়৷ বাছ খনত আছিল ২৫ ৰপৰা ৩০ জন ছাত্ৰ-ছাত্ৰী ৷ দুৰ্ঘটনাটোৰ পিছত স্থানীয় লোকে তৎপৰতাৰে বাছৰ ভিতৰৰপৰা উলিয়াই কন-কন ছাত্ৰ-ছাত্ৰীৰ লগতে আহত সকলক লালুক আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায়৷ দুৰ্ঘটনাগ্ৰস্ত বাছ খনৰ নম্বৰ 01 9296 আৰু যাত্ৰীবাহী টেম্প'ৰ দৌৰাত্ম্যৰ বাবেই বাছখন দুৰ্ঘটনাত পতিত হোৱা বুলি জানিব পৰা গৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
লখিমপুৰৰ লালুকত পথ দুৰ্ঘটনা
https://www.newsnextone.com/lakhimpur-laluk-bus-accident/#comments
311
জয়ন্ত মুদৈ,নগাঁও নগাঁওঃ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়।এই উপলক্ষে নগাঁৱৰ 'স্নিগ্ধ মলয়া' নামৰ সামাজিক সংগঠনটোৰ উদ্যোগত নগাঁও চহৰৰ কেইবাটাও স্থানত বাটৰ নাট পৰিৱেশন কৰা হয়।কণ-কণ শিশুসকলৰ দ্বাৰা পৰিৱেশিত এই বাটৰ নাটৰ জৰিয়তে প্ৰকৃতি ৰক্ষাৰ বাবে জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস চলোৱা হয়।এই কাৰ্যসূচীৰ প্ৰাক মূহুৰ্তত নগাঁৱৰ নৱনিৰ্মিত লাওখোৱা ৰোডৰ দুয়োকাষে বৃক্ষৰোপনো কৰে 'স্নিগ্ধ মলয়া'ৰ কৰ্মীসকলে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
নগাঁৱত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বাটৰ নাট পৰিৱেশন কণ কণ শিশুৰ
https://www.newsnextone.com/nagaon-enviroment-day-bator-naat
312
নতুন দিল্লীঃ পাঠানকোটৰ সন্ত্ৰাসবাদী অাক্ৰমণৰ কভাৰেজৰ বাবে ভাৰত চৰকাৰৰ ৰোষত পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় বৈদ্যুতিন চেনেল কোনো কাৰণতে ক্ষমা নিবিচাৰো বুলি আজি স্পষ্ট কৰি দিছে।উল্লেখ্য যে, ২০১৬ চনৰ জানুৱাৰী মাহত পাঠানকোটত সন্ত্ৰাসবাদী অাক্ৰমণৰ ঘাটীৰ চেনেলযোগে পোনপটীয়া সম্প্ৰচাৰ কৰি সমালোচনাৰ সন্মুখীন হৈছিল চেনেলটো।এনে এটা স্পৰ্শকাতৰ বিষয় উদঙাই দিয়া বাবে জনপ্ৰিয় চেনেলটো কেন্দ্ৰীয় চৰকাৰে এদিনৰ বাবে সম্প্ৰচাৰ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছিল।'আমি যদি প্ৰশ্নই কৰিব নোৱাৰো, তেন্তে কৰিম কি'- এই বিষয় উত্থাপন কৰি চেনেলটোৰ সাংবাদিক ৰবিশ কুমাৰে এক বিশেষ অনুষ্ঠানযোগে এই নিষেধাজ্ঞাৰ অভিনৱ প্ৰতিবাদ কৰিছিল।নিষেধাজ্ঞাটোক লৈ ওলোৱা ব্যংগাত্মক হেটচটেগ 'বাগো মে বাহাৰ হে' য়ে সামাজিক গণমাধ্যমতো যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল।সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব হোৱা বুলি দেশজুৰি উঠা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত পৰিৱৰ্তী সময়ত সেই নিষেধাজ্ঞা উঠায়ো লৈছিল চৰকাৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
পাঠানকোট কভাৰেজৰ বাবে ক্ষমা নোখোজে NDTVয়ে
https://www.newsnextone.com/ndtv-will-not-apologize-clarifies-today
313
মঙলদৈঃ সকলো ক্ষেত্ৰতে অৱহেলিত হৈ আহিছে দৰংবাসী ৰাইজ।ৰেল সংযোগৰ নামত কেন্দ্ৰীয় চৰকাৰে আভুৱা ভৰি অহাৰ সময়তে এতিয়া দৰংবাসীৰ বাবে মূৰৰ কামোৰণিৰ কাৰণ হৈ পৰিছে মঙলদৈৰ মাজেৰে যোৱা ১৫নং ৰাষ্টীয় ঘাইপথৰ দুৰৱস্থা।বাইহাটা চাৰিআলিৰ পৰা দৰঙৰ দলগাঁৱলৈ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথটি ঠাই বিশেষে বিপদজনকভাৱে জহি-খহি গৈছে।যাৰ ফলত সাধাৰণ ৰাইজে দুৰ্ভোগ ভোগাৰ লগতে পথ দুৰ্ঘটনাৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।এনে দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহুলোক।ৰাষ্ট্ৰীয় ঘাইপথৰ এনে দুৰৱস্থাৰ পিছতো মেৰামতিৰ বাবে মঙ্লদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাই কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে সাধাৰণ জনতাই।আনহাতে দৰং জিলাক ৰেলপথৰ মানচিত্ৰত সংযোগ কৰাৰ প্ৰতিশ্ৰুতি দি দুবাৰকৈ সাংসদ নিৰ্বাচিত হোৱা ৰমেন ডেকাই আজিলৈকে সেয়া পূৰণ কৰিব নোৱাৰাক লৈও জিলাবাসীয়ে সময়ে সময়ে অসন্তুষ্টি ব্যক্ত কৰি আহিছে।এনে পৰিপ্ৰেক্ষিতত এতিয়া পৰিৰ্বতনকামী কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে শীঘ্ৰে বিশষে ব্যৱস্থা গ্ৰহণ কৰালৈ বাট চাই ৰৈছে দৰং জিলাবাসীয়ে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
দৰং জিলাত মৰণফান্দত পৰিণত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ
https://www.newsnextone.com/15no-nh-damaged-darrang
314
তিতাবৰ মহকুমাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চল বেকাজান এক্সছাৰ্ভিচৰ সমীপৰ পাহাৰৰ দাঁতি কাষৰীয়া অসমভূমিত নগাই ঘৰ নিৰ্মাণ কৰিবলৈ লোৱা ঘটনাক কেন্দ্ৰ কৰি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে।প্ৰাপ্ত তথ্য মতে, এটা পকী ঘৰ নিৰ্মাণ কৰাৰ পৰিকল্পনাৰে একাংশ অসাধু নগাই অতি কৌশলেৰে কালি অসমৰ মাটিত ইটা, শিল আদি পেলাবলৈ আৰম্ভ কৰিছিল।তাকে দেখি অঞ্চলটোৰ স্থানীয় লোকে ক্ষোভিত হৈ এক হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাৰ লগতে আৰক্ষীক খবৰ দিয়ে।ঘটনাস্থলীত ততাতৈয়াকৈ তিতাবৰৰ চক্ৰ বিষয়া সহ বৰহোলা, পানীখেতি, বেকাজান আৰক্ষী আৰু পানীখেতি বেটেলিয়ান কেম্পৰ বিষয়াসকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে শিল, ইটাবোৰ শীঘ্ৰে উক্ত স্থানৰ পৰা আঁতৰাই নিবলৈ নিৰ্দেশ দিয়ে।বৰ্তমান সীমান্ত অঞ্চলটোত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে অসম আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে
তিতাবৰ সীমান্তৰ অসমৰ ভূমিত ঘৰ নিৰ্মাণৰ অপচেষ্টা নগাৰ
https://janambhumi.in/VFZSbk1FOUVUVDA9/%E0%A6%A4%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A6%AC%E0%A7%B0-%E0%A6%B8%E0%A7%80%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0-%E0%A6%AD%E0%A7%82%E0%A6%AE%E0%A6%BF%E0%A6%A4-%E0%A6%98%E0%A7%B0-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%A3%E0%A7%B0-%E0%A6%85%E0%A6%AA%E0%A6%9A%E0%A7%87%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BE-%E0%A6%A8%E0%A6%97%E0%A6%BE%E0%A7%B0.html
315
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ আৰক্ষী আৰু সেনাৰ ৩নং ৰাজপুত ৰেজিমেণ্টৰ যৌথ অভিযানত সোমবাৰে পুৱতি নিশা এগৰাকী এনডিএফবি(এচ)ৰ কেডাৰ নিহত হয়।নিহত কেডাৰগৰাকীৰ পৰা আৰক্ষীয়ে একে চিৰিজৰ ৰাইফল এটা, এটা মেগজিন, ১৬ জাঁই সজীৱ গুলী, ১৩ জাঁই খালী কাৰ্টিজ, বহিৰাষ্ট্ৰৰ ভূটানৰ চিম সহিতে মোবাইল ফোন এটা, নগদ ২৭৪০ টকা, ১০খন ধনদাবী পত্ৰ, ভূটানৰ ৰিচাৰ্জ কাৰ্ড, টৰ্চ, ঔষধকে ধৰি আন কেতবোৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।কোকৰাঝাৰ আৰক্ষীয়ে সদৰি কৰা মতে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত নিশা কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰী থানাৰ অন্তৰ্গত ৰিপু চিৰাং বনাঞ্চলত আৰক্ষী আৰু সেনাই যৌথ অভিযান চলায়।সেনা আৰক্ষীয়ে এম্বুচ কৰি থাকোতেই পুৱতি নিশা এনডিএফবিৰ দল এটা সেনা আৰক্ষীৰে মুখামুখি হয় আৰু সেনা আৰক্ষীৰে সংঘৰ্ষত লিপ্ত হয়।সেনা আৰক্ষীয়ে গুলীচালনা কৰা প্ৰত্যুত্তৰ দিয়াত দুয়ো দলৰ মাজত আৰম্ভ হয় তুমূল সংঘৰ্ষ৷ বিপৰীত পক্ষৰ পৰা গুলীচালনা বন্ধ হোৱাত আৰক্ষীয়ে বনাঞ্চলত অভিযান চলায় আৰু বনাঞ্চলৰ পৰা এজন গুলীবিদ্ধ যুৱকক উদ্ধাৰ কৰে।পিছত আৰক্ষীয়ে গুলীবিদ্ধ যুৱকজনক কোকৰাঝাৰ ৰূপনাথ অসামৰিক চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে গুলীবিদ্ধ যুৱকগৰাকীক মৃত বুলি ঘোষণা কৰে।বৰ্তমানলৈকে এনডিএফবি(এচ)ৰ সদস্যগৰাকীৰ চিনাক্তকৰণ হোৱা নাই।আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰা এনডিএফবি (এচ)ৰ আন সদস্যসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
কোকৰাঝাৰত আৰক্ষী-সেনাৰে সংঘৰ্ষ এনডিএফবিৰ, নিহত এনডিএফবি কেডাৰ, অস্ত্ৰ উদ্ধাৰ
https://www.newsnextone.com/encounter-one-ndfb-died/#comments
316
দেশৰ অন্যতম প্ৰধান চোৰাংচোৱা সংস্থা ইনটেলিজেন্স ব্যুৰ' (আই বি)ৰ মুৰব্বী পদত অধিষ্ঠিত শোণিতপুৰ জিলাৰ প্ৰাক্তন আৰক্ষী অধীক্ষক অৰবিন্দ কুমাৰ।কুমাৰ ১৯৮৪ চনৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া আছিল।বুধাবাৰে প্ৰধান মন্ত্ৰী মোদীৰ অধ্যক্ষতাত কেবিনেট নিযুক্তি কমিটীয়ে দেশৰ দুই শীৰ্ষ চোৰাংচোৱা সংস্থা 'আই বি' আৰু 'ৰ'ৰ দুই নতুন মুৰব্বীক নিযুক্তি দিয়ে।ইয়াৰে অৰবিন্দ কুমাৰক ইনটেলিজেন্স ব্যুৰ'ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে বালাকোটৰ ছাৰ্জিকেল আক্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ ভুমিকা লোৱা সামন্ত গোৱেলক ৰিছাৰ্চ এণ্ড এনালাইছিছ উইং অৰ্থাৎ 'ৰ'ৰ সঞ্চালক হিচাপে নিয়োগ কৰা হয়।দুয়োগৰাকী বিষয়াই অহা ৩০ জুনত দুবছৰীয়া স্থায়ী কাৰ্যকালৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিব।বৰ্তমানৰ 'আই বি'ৰ সঞ্চালক অনিল ধাছমানা আৰু 'ৰ'ৰ সঞ্চালক ৰাজীৱ জৈনৰ যোৱা ডিচেম্বৰতে নিৰ্দিষ্ট কাৰ্যকাল অন্ত পৰিছিল যদিও ৬ মাহৰ বাবে তেওঁলোকৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছিল।উল্লেখযোগ্য যে শোণিতপুৰৰ প্ৰাক্তন আৰক্ষী অধিক্ষক অৰবিন্দ কুমাৰে ১৯৯১ চনৰ পৰা 'আই বি'ৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰিছিল।পূৰ্বে মাওবাদী নিয়ন্ত্ৰণ ডেস্কৰ দায়িত্বত থকা কুমাৰ বৰ্তমান তেওঁ 'আই বি'ৰ কাশ্মীৰ বিভাগৰ বিশেষ সঞ্চালকৰ দায়িত্বত আছে
আই বি'ৰ মুৰব্বী পদত শোণিতপুৰৰ প্ৰাক্তন আৰক্ষী অধীক্ষক অৰবিন্দ কুমাৰ
https://assam.nenow.in/former-sp-of-sonitpur-arvind-kumar-appointed-as-ib-chief/
317
নলবাৰীঃ নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ আৰু দুৰ্গা পূজাৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে৷ মহানৱমীৰ দিনটোত অতীজৰে পৰা ৰাজ্যৰ ভিন্ন ঠাইৰ পৰা দুৰ্গা দেৱীৰ ভক্তই ভিৰ কৰে বিল্বেশ্বৰ৷ নলবাৰী জিলাৰ বেলশৰৰ ইতিহাপ্ৰসিদ্ধ শক্তিপীঠ বিল্বেশ্বৰত ২১ ছেপ্টেম্বৰৰ পৰা ১০ দিনীয়াকৈ দূৰ্গা পূজা অনুষ্ঠিত হয়৷ দহ দিনৰ পূজাৰ ভিতৰত মহানৱমীৰ দিনটোক বিশেষ ভাবে লয় ভক্তসকলে৷ শুকুৰবাৰে নেৰানেপেৰা বৰষুণকো নেওচি হাজাৰ হাজাৰ লোক ওলাই আহে দেৱী দুৰ্গাক সেৱা কৰিবলৈ৷ প্ৰতিপদ তিথিৰ দুৰ্গা পূজা আৰম্ভ হোৱা ৰাজ্যৰ একমাত্ৰ শক্তিপীঠৰূপে বিল্বেশ্বৰ৷ দেৱালয়ত হিন্দু-মুছলমানে ভক্তি ভাবেৰে ওলাই আহে৷ দেৱালয়ত ৫০ টা ম'হ বলি দিয়াৰ লগতে ছাগলী, হাঁহ, পাৰ চৰাই আদি বলি দিয়া হয়৷ দেৱালয়ৰ নিয়ম অনুসাৰি বলিৰ দাতা সকলৰ নাম প্ৰকাশ কৰিব বিচৰা নাই সমিতিয়ে৷ ইফালে ম'হ বলিৰ তালিকাত ৰাজ্যৰ উচ্চ পদস্থ দুজন প্ৰাশসনিক বিষয়া থকা বুলিও জানিব পৰা গৈছে ৷ সম্পূৰ্ণ বৈদিক পৰম্পৰাৰে হোমাগ্নিৰ সুবাসেৰে আৰু ব্ৰাহ্মণৰ মন্ত্ৰধ্বনিৰে নলবাৰী বেলশৰ বিল্বেশ্বৰ পূজাৰ দেৱীদুৰ্গাৰ পূজা-অৰ্চনা হৈছে যদিও পুৱাৰ পৰাই বৰষুণ দি থকাৰ পিছতো ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
মহানৱমীত বিল্বেশ্বৰত ৫০ টাকৈ ম'হ বলি
https://www.newsnextone.com/bilbeswar-dewaloi-celebrate-mohanabomi-nalbari/#comments
318
প্রাঞ্জল শইকীয়া, দুলীয়াজান দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগ প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডত প্রায় ৬৯গৰাকী বিষয়া-কর্মচাৰীয়ে অনুসূচিত জাতিৰ নোহোৱাকৈ জাতিগত প্রমাণ-পত্র লৈ চাকৰি কৰি থকাৰ অভিযোগ তুলি উক্ত বিষয়া-কর্মচাৰীসকলক নিলম্বনৰ দাবীত আজি অসম অনুসূচিত জাতি যুৱ-ছাত্র সন্থাৰ ডিব্রুগড় আৰু তিনিচুকীয়া জিলা সমিতিয়ে দুলীয়াজানস্থিত অইলৰ মুখ্য কার্যালয়ৰ সন্মুখত এক ধর্ণা কার্যসূচী ৰূপায়ণ কৰে৷ উল্লেখযোগ্য যে, ইয়াৰ পূর্বেও সংগঠনটোৱে অনুৰূপ দাবীত অৱস্থান ধর্মঘট কার্যসূচী গ্রহণ কৰি অইল ইণ্ডিয়া কর্তৃপক্ষক উক্ত ব্যক্তিসকলক চাকৰিৰ পৰা নিলম্বনৰ দাবী জনাইছিল৷ কিন্ত অইল কর্তৃপক্ষই বিষয়টোত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি অসম অনুসূচিত জাতি যুৱ-ছাত্র সন্থাৰ ডিব্রুগড় আৰু তিনিচুকীয়া জিলা সমিতিৰ শতাধিক প্রতিবাদকাৰীয়ে উত্তাল কৰে অইলৰ মুখ্য কার্যালয়ৰ চৌহদ৷ প্রতিবাদকাৰীসকলে দুলীয়াজান বিহুতলীৰ প্রাংগনৰ পৰা সমদল কৰি অইলৰ প্রশাসনিক বিভাগৰ বিষয়া আৰতি দাসকে ধৰি ৬৯ গৰাকী কর্মচাৰীক অতি শীঘ্রে গ্রেপ্তাৰৰ দাবী জনায়৷ আজিৰ কার্যসূচীৰ পাছত অইল কর্তৃপক্ষই যদি বিষয়টোত গুৰুত্ব দি তালিকা প্রদান কৰা অভিযুক্তসকলৰ ওপৰত ব্যৱস্থা গ্রহণ নকৰে তেন্তে অনাগত দিনত সংগঠনটোৱে অর্থনৈতিক অৱৰোধৰ দৰে কার্যসূচী গ্রহণ কৰাৰো ভাবুকি দিছে৷
অনুসূচিত জাতিৰ ভুৱা প্রমাণ-পত্রৰে অইলৰ চাকৰি কৰা বিষয়া-কর্মচাৰীক নিলম্বনৰ দাবীত ধর্ণা
https://janambhumi.in/VFdwTmQwNUVUVDA9/en/VFdwTmQwNUVUVDA9/%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B8%E0%A7%82%E0%A6%9A%E0%A6%BF%E0%A6%A4-%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%AD%E0%A7%81%E0%A7%B1%E0%A6%BE-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%AE%E0%A6%BE%E0%A6%A3-%E0%A6%AA%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%B0%E0%A7%87-%E0%A6%85%E0%A6%87%E0%A6%B2%E0%A7%B0-%E0%A6%9A%E0%A6%BE%E0%A6%95%E0%A7%B0%E0%A6%BF-%E0%A6%95%E0%A7%B0%E0%A6%BE-%E0%A6%AC%E0%A6%BF%E0%A6%B7%E0%A7%9F%E0%A6%BE-%E0%A6%95%E0%A6%B0%E0%A7%8D%E0%A6%AE%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A6%95-%E0%A6%A8%E0%A6%BF%E0%A6%B2%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%A8%E0%A7%B0-%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A7%80%E0%A6%A4-%E0%A6%A7%E0%A6%B0%E0%A7%8D%E0%A6%A3%E0%A6%BE.html.html
319
জ এ.এছ.এন. প্ৰতিনিধি 30 / 2018 বঙাইগাঁও জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত শনিবাৰে বঙাইগাঁও আৰক্ষী চাউনিত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ 'ড্ৰাগছৰ অপব্যৱহাৰ, চাইবাৰ ক্ৰাইম আৰু ছ'চিয়েল মিডিয়াৰ সমাজত কুপ্ৰভাৱ' শীৰ্ষক বিষয়ৰ সন্দৰ্ভত অনুষ্ঠিত এই সজাগতা সভাখনৰ আঁত ধৰে জিলাৰ উপ-আৰক্ষী অধীক্ষক মৈয়েত্ৰী ডেকাই ৷ সজাগতা সভাত জিলা আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মনে উপস্থিত থাকি ড্ৰাগছ আৰু চাইবাৰ ক্ৰাইমৰ পৰা সমাজখনক মুক্ত কৰাৰ বাবে জিলাবাসীৰ সহযোগ কামনা কৰে ৷ আনহাতে একাংশ দুষ্ট চক্ৰই ছ'চিয়েল মিডিয়াৰ জৰিয়তে উৰা বাতৰি বিয়পাই সমাজত শান্তি-সম্প্ৰীতি বিনষ্ট কৰাৰ অহৰহ চেষ্টা চলাই থকাৰ ফলত এইবোৰ কথাত ভোল নাযাবলৈ সকলোকে আহ্বান জনায় ৷ সজাগতা সভাত অধিবক্তা হৰেশ্বৰ দাস, সাংবাদিক ধীৰাজ চক্ৰৱৰ্তী, অশ্বিনী কেয়াৰ হোমৰ কাউন্সিলাৰ সৃষ্টি ব্ৰহ্ম, বেচৰকাৰী সংস্থা এন ই এফৰ কাৰ্যকৰী সভানেত্ৰী সুজাতা পাচায়াত প্ৰমুখ্য কৰি কেবাগৰাকী বক্তাই ভাষণ দাঙি ধৰি সকলোকে সামাজিক দায়ৱদ্ধতা পালনৰ বাবে আহ্বান জনায় ৷
বঙাইগাঁও জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত সজাগতা সভা
https://www.newsasn.com/index.php/node/2061
320
ডিজিটেল ডেস্কঃ সকলো ৰেকৰ্ড ভংগ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি কৰিলে৷ দক্ষিণ এছিয়াৰ ভিতৰত এতিয়া ভাৰতে উচ্চ দামত পেট্ৰল আৰু ডিজেল বিক্ৰী কৰে৷ পেট্ৰল-ডিজেলৰ দাম বৃদ্ধিৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কেন্দ্ৰৰ বিজেপি চৰকাৰে৷ পকেটৰ ধন ৰাহি কৰিবলৈ এতিয়া উপায় নোহোৱা হৈছে দেশৰ মধ্যবিত্ত, দৰিদ্ৰ, শ্ৰমিকৰ৷ খাদ্য-সামগ্ৰী, পেট্ৰলকে ধৰি সকলো সামগ্ৰীৰ এতিয়া আকাশলংক্ষী মূল্য বৃদ্ধি হৈছে৷ এইবাৰ পেট্ৰল-ডিজেলৰ মূল্য বদ্ধি কৰাত সকলো ৰেকৰ্ড ভংগ কৰিলে চৰকাৰে৷ দিল্লীত প্ৰতিলিটাৰ পেট্ৰল ৭৩.৭৩ টকা আৰু ডিজেলৰ মূল্য ৬৬.৫৮ টকা হৈছে৷ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে মিলাই পেট্ৰল-ডিজেলৰ মুল্য নিৰ্ধাৰণ কৰিবলৈ ২০১৭ চনৰ জুন মাহৰ পৰা নিতৌ পেট্ৰল-ডিজেলৰ মূল্য নিৰ্ধাৰণ কৰি আহিছে ভাৰত চৰকাৰে৷ দেওবাৰে একেবাৰে ১৮ পইচা বৃদ্ধি হোৱাৰ লগে লগে ৭৩.৭৩ টকা হৈ পৰিছে পেট্ৰলৰ মূল্য৷ ৭৩.৭৩ টকা হৈ পেট্ৰলৰ মূল্য হোৱাৰ লগে লগে মোডী চৰকাৰৰ ৪ বছৰীয়া কাৰ্যকালৰ সকলোতকৈ বেছি মূল্য হৈ পৰিল পেট্ৰলৰ৷ ডিজেলৰ মূল্য আছিল ৬৪.২২ টকা কিন্তু সকলো ৰেকৰ্ড ভংগ কৰি ৬৪.৫৮ টকা হয়৷ ভাৰতত ডিজেল এই মুল্যত কেতিয়াও বিক্ৰী হোৱা নাছিল৷ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ কথা কৈ নিতৌ মোডী চৰকাৰে অলপ অলপ কৈ মূল্য বৃদ্ধি কৰি পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ সকলো ৰেকৰ্ড ভংগ কৰিলে বিজেপি চৰকাৰে৷ দাম কমাবলৈ বিভাগে এক্সাইজ ডিউটিত কিছু ৰেহাই দিছিল যদিও বাজেটত এই কথা প্ৰত্যাহাৰ কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
মোডীৰ কাৰ্যকালৰ ভিতৰত সৰ্বোচ্চ পেট্ৰলৰ দাম, লিটাৰত ৬৪.৫৮ টকা হৈ ডিজেলে কৰিলে সকলো ৰেকৰ্ড ভংগ
https://www.newsnextone.com/assam-guwahati-diesel-price-hits-all-time-high-petrol-price-highest-in-4-years
321
াব্যস্ত কৰি এই জাতিধ্বংসী বিধেয়ক বাতিলৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়া হয়।উক্ত কাৰ্যসূচীত উপস্থিত থাকে আছুৰ সহ: সাধাৰণ সম্পাদক দুলদুল বৰকটকী আৰু জিলা সভাপতি অভিজিৎ নাথ,আছুৰ কৰ্ম কৰ্তা আৰু স্থানীয় সমাজ সচেতন ব্যক্তি সকল।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
শোনিতপুৰ জিলা ছাত্ৰ সন্থা ৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত তেজপুৰত জোৰ সমদল কৰি তীব্ৰ প্ৰতিবাদ
https://www.newsnextone.com/protest-against-cab-in-sonitpur/#comments
322
টিত হয় আজি পুৱা ১১:৩০ বজাত সংঘটিত হয় এই ঘটনা চাইকেলেৰে গৈ থকা অৱস্থাতে ট্ৰাকে পিছ পিনৰ পৰা মহতিয়াই যায় মহিলা গৰাকীক ৮ অক্টোবৰঃ ওদালগুৰিৰ গৰুৱাঝাৰত আজি পুৱা ১১:৩০ বজাত এক ভয়ঙ্কৰ পথ দূৰ্ঘটনা সংঘটিত হয়।দুৰ্ঘটনাত মানগ্ৰী মুণ্ডা নামৰ এগৰাকী মহিলা নিহত হয়৷উল্লেখযোগ্য যে নিজৰ স্বামীৰ সৈতে চাইকেলেৰে জীয়েকৰ ঘৰলৈ গৈ আছিল মহিলা গৰাকী।চাইকেলেৰে গৈ থকা অৱস্থাতে এখন ট্ৰাকে পিছ পিনৰ পৰা মহতিয়াই থৈ যায় মহিলা গৰাকীক৷ ফলত ঘটনা স্থলীতে নিহত হয় মানগ্ৰী মুণ্ডা নামৰ মহিতা গৰাকী।ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকখন।আজি পুৱা ১১:৩০ বজাত সংঘটিত হয় এই ঘটনা৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ওদালগুৰিৰ গৰুৱাঝাৰত পথ দূৰ্ঘটনা
https://www.newsnextone.com/odalguri-accedent/#comments
323
জ এ.এছ.এন. প্ৰতিনিধি 03 / 2018 চৰাইদেউ জিলাৰ সোণাৰিত শুকুৰবাৰৰ নিশা এগৰাকী সপ্তম শ্ৰেণীত অধ্যয়নৰত কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক পৰিয়ালৰ লোকে ধৰ্ষণ কৰি হত্যা কৰা বুলি আভিযোগ কৰাৰ পাছত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।পৰিয়ালৰ অভিযোগ মতে, যোৱা শুকুৰবাৰে ঘৰৰ ওচৰতে পূজা চাবলৈ যোৱাৰ সময়ত লম্পট ভণ্ড তান্ত্ৰিক গনেশ বণিক দাসে ভাবুকি প্ৰদান কৰি কিশোৰীগৰাকীক ধৰ্ষণ কৰে।কিশোৰীগৰাকীয়ে উপায়ন্তৰ হৈ আত্মহনন কৰিবলৈ চেষ্টা কৰে যদিও মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হোৱা কিশোৰীগৰাকীক পুনৰ লম্পট গনেশ বণিক দাসে ডিঙি চেপি হত্যা কৰে বুলি পৰিয়ালৰ লোকে মন্তব্য কৰে।পূৰ্বতেও লম্পত গনেশ বণিক দাসে তেনে ঘটনা কেইবাবাৰো সংঘটিত কৰিছে।ক্ষুব্ধ ৰাইজে হত্যাকাৰী গনেশ বণিক দাসৰ বাসগৃহ লণ্ডভণ্ড কৰি এক উত্তপ্ত পৰিস্থতিৰ সৃষ্টি কৰে।ইফালে লম্পট গনেশ বণিক দাসে পলায়ন কৰিবলৈ সক্ষম হয়।বৰ্তমান সোণাৰি আৰক্ষীয়ে অভিযুক্ত গনেশক বিচাৰি অভিযান অব্যাহত ৰাখিছে
সোণাৰিত ৰাইজে লণ্ডভণ্ড কৰিলে ধৰ্ষণত অভিযুক্তৰ বাসগৃহ
https://www.newsasn.com/index.php/node/1336
324
মঙলদৈঃ বুধবাৰে মঙলদৈত থকা জলসিঞ্চন বিভাগৰ কাৰ্য্যালয়ত উপস্থিত হয় ভাৰতীয় অপৰাধ অনুসন্ধান বিভাগ৷ উল্লেখ্য যে জলসম্পদ বিভাগৰ একাংশ ঠিকাদাৰৰ অভিযোগৰ ভিত্তিত ২০১৪-১৫ বৰ্ষতে মথাউৰি নিৰ্মানৰ বাবদ অহা ২.৭৫ কৌটি টকাৰ কামৰ হিচাপ খেলিমেলিৰ অভিযোগৰ তদন্ত কৰিবলৈ উপস্থিত হয় দলটো।ইফালে জানিব পৰা মতে¸ পূৰ্বৰ অভিযন্তা ভোগেশ্বৰ শইকীয়াৰ দিনত নোৱা নৈৰ মথাউৰী মেৰামতিৰ বাবে আৱন্তিত ২.৭৫ লাখ টকাৰো ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন হৈছিল।মথাউৰি নিৰ্মাণৰ কাম অতি নিম্নমানৰ হোৱা হেতুকে বাৰিষাৰ পানীয়ে মথাউৰি ভাঙি নৈৰ দাঁতিকাষৰীয়া বহু অঞ্চলৰ বিস্তৰ ক্ষতি সাধন কৰিছিল৷ দলটো মঙলদৈত উপস্থিত হৈ নোৱা নৈৰ মথাউৰি পৰ্য্যবেক্ষন কৰে।ইফালে এই সমস্ত দুৰ্নীতিৰ তদন্ত আৰম্ভ কৰা বুলিও জানিবলৈ দিয়ে দলটোৱে৷ অৱশ্যে ২০১৪-১৫ বৰ্ষত মুখ্য অভিযন্তাৰ দায়িত্বত থকা ভোগেশ্বৰ শইকীয়াই ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
দৰং জিলাৰ জলসম্পদ বিভাগত CIDৰ অভিযান
https://www.newsnextone.com/cid-in-mangaldoi-water-suply/#comments
325
শিৱসাগৰঃ ভ্ৰষ্টাচাৰী চৰকাৰে আমুৱাইছে এতিয়া ৰাজ্যৰ জনসাধাৰণক৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠনে ৰাজপথলৈ ওলাই আহি অকৰ্মণ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে শিৱসাগৰ জিলাতো ৰূপায়ণ হ'ল দূৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ৷ বৃহৎ ৩০০ কোটিৰ ফৰলেন কেলেংকাৰী তদন্তৰ দাবী, দীক্ষা ৰাজকুমাৰীৰ হত্যাকাণ্ডৰ প্ৰকৃত দোষীক গ্ৰেপ্তাৰ আৰু বেতন বঞ্চিত ১৫৩০ জন শিক্ষকৰ সমস্যা সমাধানৰ দাবীত শিৱসাগৰ জিলাৰ ১৪ টা জাতীয় সংগঠনে আহ্বান কৰা শিৱসাগৰ বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপে পৰা পৰিলক্ষিত হৈছে৷ সংগঠনসমূহে আহ্বান কৰা বন্ধই শিৱসাগৰ নগৰৰ লগতে সমগ্ৰ শিৱসাগৰ জিলাত এদিনৰ বাবে জনজীৱন স্থবিৰ কৰি পেলোৱা দেখা গৈছে৷ আনহাতে সংগঠনসমূহে উত্থাপন কৰা দাবীসমূহ অতি শীঘ্ৰে পূৰণ নকৰিলে ইয়াতকৈও ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি সংগঠনসমূহৰ বিষয়ববীয়াই স্পষ্ট কৰি দিয়ে৷
শিৱসাগৰ বন্ধ সৰ্ব্বাত্মক, স্তব্ধ জনজীৱন
https://www.newsnextone.com/print/6133
326
চিচিবৰগাঁওঃ ধেমাজি জিলাৰ জোনাইত যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ৷ চৰকাৰে জোনাইৰ উন্নয়ণত গুৰুত্ব প্ৰদান নকৰাত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতা-কৰ্মী ক্ষোভিত হৈ পৰে৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে জোনাই আঞ্চলিক সমিতিৰ সহযোগত শুকুৰবাৰে জিলাখনৰ বিভিন্ন বিভাগত সংঘটিত ব্যাপক দুৰ্নীতিৰ তদন্ত কৰাৰ লগতে চিকিঁসা সেৱা, বিশুদ্ধ খোৱাপানী, ব্লাড বেংক স্থাপনৰ দাবীত সংগঠনটোৰ কেবা শতাধিক নেতা-কৰ্মীয়ে বিক্ষোভ প্ৰদৰ্শন কৰে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগ, গড়কাপ্তানী বিভাগ ,আৱকাৰী বিভাগৰ জ্ঞাতসাৰে অৰুনাচলী সুৰাৰ ৰমৰমীয়া বেহা চলি থকা বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে৷ জোনাইৰ ত্ৰিশ খন বিছনাযুক্ত চিকিৎসালয়খন ১০০ খন বিছনাযুক্ত কৰা, ব্লাড বেংক স্থাপন কৰা, চিকিৎসক-নাৰ্চ, কৰ্মচাৰী, বিশেষজ্ঞ চিকিৎসক নিযুক্তিৰ দাবীত জোনাই মহকুমাধীপতিৰ কাৰ্যলয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে৷ আনহাতে মহকুমাধীপতিৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ কেবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।বিক্ষোভ কাৰ্যসুচীত সংগঠনটোৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি নীল গগৈ, উপ-সভাপতি প্ৰিয়াংকু চুতীয়া, সাধাৰণ সম্পাদক বিষ্ণু শৰ্মা, যুটিয়া সম্পাদক ৰঞ্জন বড়া, কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক দেৱজিৎ দাস উপস্থিত থাকে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ৰাজ্য চৰকাৰৰ বিৰুদ্ধে জোনাইত যুৱ-ছাত্ৰৰ পৰিষদৰ প্ৰতিবাদ
https://www.newsnextone.com/ajycp-protest-dhemaji-jonai/#comments
327
ৰঙিয়াঃ কামৰূপ জিলাৰ ৰঙিয়াত পথ দুৰ্ঘটনাত এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰঙিয়াত৷ যুৱকজনৰ মৃত্যুৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৰঙিয়া চহৰত৷ ৰঙিয়া চহৰত ভূটান বাছ আস্থানত ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ যুৱকৰজনৰ মৃত্যু হয়৷ তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী মানস প্ৰতীম ডেকা নামৰ যুৱকজন।দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাকখন।জানিব পৰা মতে, যুৱকজন ৰঙিয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ, বিশিষ্ট ব্যৱসায়ী গোপাল ডেকাৰ পুত্ৰ।ৰঙিয়া আৰক্ষীয়ে ট্ৰাক-ডাম্পাৰক নাকী লগাব নোৱাৰাৰ ফলতেই এনে দুৰ্ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰি ৰাইজে ক্ষোভিত হৈ পৰে৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ৰঙিয়াৰ বিশিষ্ট ব্যৱসায়ীৰ পুত্ৰ মানস প্ৰতীম ডেকাৰ মৃত্যু
https://www.newsnextone.com/accident-one-died-rangia-assam-ind/#comments
328
নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত জামুগুৰিত থকা অসম গণ পৰিষদৰ নিৰ্বাচনী কাৰ্যালয়ত কালি নিশা দুৰ্বৃত্তই তাণ্ডৱ চলায়।অগপৰ ১০ নং হাতীচোং জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী অৱন্তী দেৱীৰ নিৰ্বাচনী মুখ্য কাৰ্যলয়ত নিশা তাণ্ডৱ চলাই দুৰ্বৃত্তই বেনাৰ, পোষ্টাৰ ফালি পেলোৱাৰ বিপৰীতে চকী মেজ আদি ভাঙি লণ্ডভণ্ড কৰে।অগপৰ প্ৰাৰ্থীগৰাকীৰ উত্থানত শংকিত হৈ তেওঁৰ বিপৰীতে নিৰ্বাচনত অৱৰ্তীণ হোৱা আন দলৰ প্ৰাৰ্থীৰ উদণ্ড কৰ্মীয়ে এই ঘৃনণীয় কাণ্ড সংঘটিত কৰিছে বুলি অগপৰ কৰ্মীসকলে অভিযোগ তুলিছে।ইফালে, ঘটনা সম্পর্কে স্থানীয় জাজৰি থানাৰ আৰক্ষীক জনোৱাৰ পাছতো আৰক্ষীয়ে বিশেষ গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ পৰিছে অসম গণ পৰিষদৰ কৰ্মী সকল।উল্লেখ্য যে, এইবাৰ নিৰ্বাচনত হাতীচোং জিলা পৰিষদৰ বাবে অগপৰ লগতে শাসকীয় বি জে পি, কংগ্ৰেছ আৰু এ আই ইউ ডি এফে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে৷ বৰ্তমান অগপৰ প্ৰাৰ্থী অৱন্তী দেৱীৰ প্ৰচাৰ অভিযানত আন দলৰ প্ৰাৰ্থীৰ তুলনাত তুংগত উঠাৰ বিপৰীতে ৰাইজৰ আস্থা আদায় কৰিবলৈ সক্ষম হৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
অগপৰ নিৰ্বাচনী কাৰ্যালয়ত দুৰ্বৃত্তৰ তাণ্ডৱ
https://www.newsnextone.com/ajp-office-destroyed/#comments
329
গোগামুখঃ ধেমাজি জিলাৰ এগৰাকী মৌজাদাৰে টকা নিদিলে নকৰে কাম৷ মৌজাদাৰ গৰাকীয়ে টকা সুধিবলৈ ভয়-ভিত নকৰে৷ কৃষক, ব্যৱসায়ী, ছাত্ৰ নেতা কোনোৱে টকা নিদিয়াকৈ কাম আদায় কৰিব নোৱাৰে মৌজাদাৰগৰাকীৰ পৰা৷ জিলাখনৰ বৰদলনি মৌজাৰ মৌজাদাৰৰ বিৰুদ্ধে এই অভিযোগ এতিয়া সৰ্বত্ৰে৷ পইছা বিচৰা সন্দৰ্ভত জানিবলৈ গৈ আজি মৌজাদাৰগৰাকীয়ে সাংবাদিকৰ লগতে ছাত্ৰ নেতাক অপদস্থ কৰা ঘটনাই অঞ্চটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।যিটো সময়ত বিজেপি চৰকাৰে সমগ্ৰ দেশখনৰ লগতে অসমতো দূৰ্নীতিৰ নিৰ্মূলৰ হকে বিভিন্ন পদক্ষেপ লৈছে সেই সময়তে ধেমাজী জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ বৰদলনি মৌজাৰ মৌজাদাৰে এখন সাধাৰণ প্ৰমাণ পত্ৰ দিয়াৰ নামত এটি ছাত্ৰ সংগঠনৰ নেতাৰ পৰা ৫০০ টকা বিচাৰিছিল৷ যোৱা ১৪ জুলাইত মৌজাদাৰগৰাকীৰ পৰা প্ৰমাণ পত্ৰ খন আনিবলৈ গৈ ৫০০ টকা বিছৰাত ঘূৰি আহিছিল ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ নেতাগৰাকীয়ে৷ আজি সংগঠনটোৰ এটি প্ৰতিনিধি দল সাংবাদিকক লগত লৈ মৌজাদাৰ গৰাকীৰ কাৰ্যালয়ত উপস্থিত হৈ ৫০০ টকা কিয় লাগে জানিব বিচাৰে৷ প্ৰতিনিধি দলটোৰ সৈতে যোৱা গোগামুখৰ নিউজ নেক্সট ওৱানৰ প্ৰতিনিধি গৰাকীক অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ লগতে ভাবুকি প্ৰদান কৰে মৌজাদাৰগৰাকীয়ে৷ পইছা বিচৰা সন্দৰ্ভত বহুবাৰ প্ৰশ্ন কৰাৰ পাছতো একো উত্তৰ নিদিলে দলটোক।জানিব পৰা মতে, ৰাকেশ মোহন দলে' মৌজাটোৰ মৌজাদাৰ যদিও তেওঁৰ পিতৃ চন্দ্ৰ দলেয়েহে কাম কাজ চলাই কাৰ্যালয়টোৰ৷ এই ঘটনাক চুতীয়া ছাত্ৰ সন্থাৰ লগতে ধেমাজি জিলাৰ কেইবাটাও দল-সংগঠনে গৰিহণা দি মৌজাদাৰ গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
টকা নিদিলে কাম নকৰে মৌজাদাৰ ৰাকেশে
https://www.newsnextone.com/mouzadar-illegal-money-demand-gogamukh
330
দেওবাৰৰ পৰা ইম্ফলৰ ট্ৰাইবেল ৰিচাৰ্ছ ইনষ্টিটিউটৰ প্ৰেক্ষাগৃহত ৰাজ্যিক পৰ্যায়ৰ প্ৰথমখন জনজাতীয় চলচ্চিত্ৰ মহোৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে।"শ্ৰেষ্ঠত্বৰ সন্ধানত" শীষৰ্ক থিমৰ অধীনত এই চলচ্চিত্ৰ মহোৎসৱখনিৰ আয়োজন কৰিছে মণিপুৰৰ ৰাজ্যিক পৰ্যায়ৰ জনজাতীয় চলচ্চিত্ৰ মহোৎসৱ সমিতিয়ে।মণিপুৰ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ এম কে প্ৰেশ্ব' সিমাৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থকা শুভাৰম্ভ অনুষ্ঠানটোত সমাজ কৰ্মী থাংজামাঙ হাওকিপে বিশেষ অতিথি হিচাপে যোগদান কৰে।আয়োজক সমিতিৰ সভাপতি ড০ গৈৰাংমেই তেওঁৰ আদৰণি ভাষণত কয় যে জনজাতীয় মহোৎসৱৰ প্ৰাথমিক উদ্দেশ্য হৈছে ৰাজ্যখনত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহৰ মাজত চলচ্চিত্ৰৰ মাজেৰে শান্তি আৰু একতা সুৰক্ষিত কৰা।ড০ গৈৰাংমেই লগতে কয় যে শান্তিৰ অবিহনে একোৱেই সম্ভৱ নহয়।"দৰিদ্ৰতা, হিংসা, সংঘাত আৰু অন্যান্য বিভিন্ন ধৰণৰ সমস্যাই জনজাতীয় জীৱনক এতিয়াও জুমুৰি দি ধৰি আছে।" অনুষ্ঠানত ভাষণ দি মণিপুৰ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ এম কে প্ৰেশ্ব' সিমাৰীয়ে আঙুলিয়াই দিয়ে যে জনজাতীয় লোকসকল গান,নৃত্য আৰু কথা কোৱাৰ ক্ষেত্ৰত অতি প্ৰতিভাসম্পন্ন।"এইধৰণৰ মহোৎসৱে নিশ্চিতভাৱে সৰু সৰু সম্প্ৰদায়বোৰক তেওঁলোকৰ লুকাই থকা প্ৰতিভাৰ প্ৰদৰ্শনেৰে আগবাঢ়ি অহাত সহায় কৰিব,"-তেওঁ কয়।প্ৰেশ্ব'ৱে কয় যে বহুতো প্ৰতিভাসম্পন্ন যুৱ শিল্পীয়ে এই মহোৎসৱৰ সুবিধা গ্ৰহণ কৰিব পাৰে আৰু পৰিচালক তথা ছবি নিৰ্মাতাসকলে তেওঁলোকৰ ছবিৰ জৰিয়তে দিব খোজা বাৰ্তাসমূহক লৈ জনসাধাৰণক অনুপ্ৰাণিত কৰি তথা শিক্ষিত কৰি এখন শক্তিশালী সমাজ গঢ়াত সহায় কৰিব পাৰে।" আমাৰ এক চহকী সংস্কৃতি তথা লোক কলা আছে আছে যদিও সেইবোৰ এতিয়াও উলিয়াই আনিব পৰা নাই কিম্বা সংৰক্ষণ কৰিব পৰা নাই
মণিপুৰত ৰাজ্যিক পৰ্যায়ৰ জনজাতীয় চলচ্চিত্ৰ মহোৎৱ আৰম্ভ
https://assam.nenow.in/%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0%e0%a6%a4-%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a7%8d%e0%a6%af%e0%a6%bf%e0%a6%95-%e0%a6%aa%e0%a7%b0%e0%a7%8d%e0%a6%af%e0%a6%be%e0%a7%9f%e0%a7%b0/
331
তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ তামুলপুৰ বজাৰ চ'ক বণিক সন্থাই দ্বাদশ বাৰ্ষিক শ্ৰী শ্ৰী গণেশ পূজা উদযাপনৰ ব্যপক প্ৰস্তুতি আৰম্ভ কৰিছে৷ অহা ২৪-২৬ আগষ্টলৈ তিনিদিনীয়া কাৰ্যসূচীৰে বিঘিনি বিনাশক শ্ৰী শ্ৰী গণেশ পূজা অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে পূজা পৰিচালনা সমিতিৰ সভাপতি লঙ্কেশ্বৰ ঠাকুৰীয়া আৰু সম্পাদক হেমন্ত দাসে৷ কাৰ্যসূচী অনুসৰি ২৫ আগষ্টৰ সন্ধিয়া অভিনেতা সখী দ্বীপ দেউৰীৰ লগতে প্ৰিয়ংকা কলিতা আৰু মিন্টু দাসে গীত পৰিবেশন কৰিব৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
তামুলপুৰত শ্ৰী শ্ৰী গণেশ পূজা উদযাপনৰ প্ৰস্তুতি
https://www.newsnextone.com/ganesh%20puja%20tamulpur
332
সকলো উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত প্রত্যাশিতভাৱেই আজি গুৱাহাটীত অনুষ্ঠিত হৈ থকা বিশ্ব যুৱ মহিলা বক্সিং প্রতিযোগিতাত ভাৰতীয় দলত অসমৰ একমাত্র খেলুৱৈ অংকুশিতা বড়োৱে থাইলেণ্ডৰ প্রতিদ্বন্দ্বীক পৰাস্ত কৰি ফাইনেললৈ নিজৰ পথ প্রশস্ত কৰিলে৷ আজি সন্ধিয়া অনুষ্ঠিত ছেমি ফাইনেলৰ খেলখনত আক্রমণাত্মক তথা স্বভাৱসুলভ মনোভাবেৰেই অংকুশিতাই নিজৰ খেলৰ পৰিচয় দাঙি ধৰি সকলোকে আপ্লুত কৰে৷ উল্লেখযোগ্য যে অংকুশিতাৰ গৃহভূমি ঠেলামৰা উলুবাৰীৰ পৰাই এইগৰাকী খেলুৱৈক উৎসাহ যোগাবলৈ শতাধিক লোক ষ্টেডিয়ামত প্রৱেশ কৰে৷ খেলুৱৈগৰাকীৰ অনুৰাগী তথা জন্মস্থানৰ লোকসকলৰ একপ্রকাৰে সহযোগিতা লাভ কৰি অংকুশিতাৰ মনোবল বৃদ্ধিৰ লগতে নিজৰ উন্নত খেল প্রদর্শন কৰি বিজয় সাব্যস্ত কৰে৷ ইফালে অংকুশিতাৰ এই ঐতিহাসিক বিজয়ে সমগ্র উলুবাৰীৰ লগতে সমগ্র ঠেলামৰাত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷ ফটকা, আতচবাজীৰ লগতে প্রতিভাৱান খেলুৱৈগৰাকীৰ উজ্জ্বীৱিত খেল চাই স্থানীয় লোকসকলৰ আনন্দত চকুলোৰ বন্যা বৈছে৷ ৰাইজে আশা কৰিছে উদীয়মান খেলুৱৈগৰাকীয়ে ফাইনেলতো প্রতিদ্বন্দ্বীক ধৰাশায়ী কৰি সোণৰ পদক লাভ কৰাৰ লগতে অসমৰ বক্সিঙত ইতিহাস সৃষ্টি কৰিব৷
ফাইনেলত প্রৱেশ অংকুশিতা বড়োৰ
https://janambhumi.in/VFZSVk5VMXFaejA9/%E0%A6%AB%E0%A6%BE%E0%A6%87%E0%A6%A8%E0%A7%87%E0%A6%B2%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A7%B1%E0%A7%87%E0%A6%B6-%E0%A6%85%E0%A6%82%E0%A6%95%E0%A7%81%E0%A6%B6%E0%A6%BF%E0%A6%A4%E0%A6%BE-%E0%A6%AC%E0%A6%A1%E0%A6%BC%E0%A7%8B%E0%A7%B0.html
333
নিউজ ডেস্ক: গুৱাহাটীৰ কুমাৰপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা।বৃহস্পতিবাৰে সন্ধিয়া কুমাৰপাৰাৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হৈছে এই ঘটনা।কুমাৰপাৰাৰ 'শ্যাম ৰ'ড' নামৰ হাৰ্ডৱেৰ প্ৰতিষ্ঠানখনত অচিনাক্ত বন্দুকধাৰীয়ে সংঘটিত কৰে এই গুলীচালনাৰ ঘটনা।দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী শ্যাম চন্দ্ৰ শৰ্মাৰ।আহত শ্যাম চন্দ্ৰ শৰ্মাক সংকটজনক অৱস্থাত আঠগাঁও মাৰোৱাৰী মেটাৰনিটী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।উল্লেখ্য যে শ্যাম চন্দ্ৰ শৰ্মাৰ ঘৰ আছিল ৰাজস্থানত।আনহাতে,প্ৰাপ্ত খবৰ অনুসৰি মটৰ চাইকেলত আহিছিল বন্দুকধাৰী দুৰ্বৃত্তটো।গুলী চালনাৰ ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল দুৰ্বৃত্তটোৱে।ইফালে, দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ বাবে ঘটনাস্থলীত ভৰলু আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।সমগ্ৰ ঘটনাক লৈ এতিয়া চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ কুমাৰপাৰা অঞ্চলত।কি কাৰণত এই ঘটনা সংঘটিত হ'ল,সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত
গুৱাহাটীত অপৰাধীৰ ভয় নাই পুলিচলৈ:কুমাৰপাৰাত দুৰ্বৃত্তৰ গুলীত নিহত ব্যৱসায়ী
https://www.newsasn.com/node/9285
334
খাৰুপেটীয়াঃ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি খাৰুপেটীয়াৰ বিভিন্ন চৰকাৰী, বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান সমূহত শিক্ষক দিৱস পালন কৰা হয়।খাৰুপেটীয়া আজমল কলেজেত শিক্ষক দিৱস উপলক্ষে এখনি গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।সভাখনত চাৰিজনকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়।খাৰুপেটীয়া অঞ্চলৰ অৱসৰী শিক্ষক তথা সাহিত্যিক প্ৰমোদ ৰঞ্জন সাহা, অৱসৰী প্ৰধান শিক্ষক ও সমাজ সেৱক আখেৰ উদ্দিন আহমেদ,আব্দুৰ ৰহমান আৰু অৱসৰী প্ৰধান শিক্ষক তথা জ্যেষ্ঠ সাংবাসিক মেছেৰ আলী।চাৰিও গৰাকী সন্মানীয় ব্যক্তিক ফুলৰ থোপা, ফুলাম গামোচা , শৰাই , জাপি, চেলেং চাদ্দৰ মান পত্ৰ আদিৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।সম্বৰ্দ্ধনা জ্ঞাপনৰ পিছত বয়োজ্যেষ্ঠ ব্যক্তি সকলে ভাষণত আত্মসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে মনৰ কথা ব্যক্ত কৰি আৱেগবিহ্বল হৈ পৰে।অনুষ্ঠানত কলেজৰ অধ্যক্ষ ডঃ নজৰুল ইছলাম, কলেজখনৰ অধ্যক্ষ দিলোৱাৰ হুছেইন, উপাধ্যক্ষ ৰবিউল ইছলাম, শিক্ষক-শিক্ষয়িত্রীৰ লগতে তিনিশতাধিক ছাত্র-ছাত্ৰী উপস্থিত থাকে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
শিক্ষক দিৱসত খাৰুপেটীয়া আজমল কলেজৰ সম্বৰ্দ্ধনা, অৱসৰপ্ৰাপ্ত শিক্ষক,সাহিত্যিক আৰু সাংবাদিকক জনালে সম্বৰ্দ্ধনা
https://www.newsnextone.com/ajmol-college-teachers-felicitation
335
চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত পুৰণিগুদাম ন-আলিমূৰত মঙলবাৰে আৰক্ষীয়ে অভিযান চলাই বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, সন্ধিয়া এক গোপন সুত্ৰৰ পম খেদি নগাওঁ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুল দাসৰ নেতৃত্বত অহা আৰক্ষীৰ এটা দলে পুৰণিগুদাম ন-আলিমূৰৰ পৰা প্ৰায় এক লাখ টকা মূল্যৰ ড্ৰাগছৰ টেবলেট আৰু লিকৰ বটল জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা এ-এচ-০২-এল-৩৫৯৭ নম্বৰৰ এখন মটৰ চাইকেল আৰু এ-এচ-০২-এ- চি-৭৯৪৬ নম্বৰৰ এখন মাল কঢ়িওৱা টেম্পু জব্দ কৰে৷ কিন্তু ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকা যুৱক দুজন আৰক্ষীৰ হাতৰ পৰা পলাই সাৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
এক লাখ টকা মূল্যৰ ড্ৰাগছ সহ দুখন বাহন জব্দ
https://www.newsnextone.com/drugs--two-car-seized-
336
দৰংঃ যি সময়ত কংগ্ৰেছ দলে ১০ বছৰ ভাৰতত শাসন চলাইছিল সেই সময়ত আৰম্ভ হোৱা ৰাফেল বিমান চুক্তি বিজেপি চৰকাৰৰ দিনত স্বাক্ষৰিত হোৱাৰ পিছত ৰাফেল চুক্তিৰ আসোঁৱাহ উলিয়াই ৰাইজৰ ওচৰ চপাৰ প্ৰয়াস চলাইছে কংগ্ৰেছ দলে।শনিবাৰে মঙলদৈ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত উপ সভাপতি প্ৰদ্যুত বৰদলৈয়ে ৰাফেল চুক্তিৰ বিৰুদ্ধে মন্তব্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰে৷ কংগ্ৰেছৰ দিনত ৫২৬ কোটি টকাত চুক্তি হোৱা ৰাফেল যুদ্ধ বিমান বিজেপি চৰকাৰ অহাৰ পিছত পূৰ্বৰ চুক্তি বাতিল কৰি ১৬৭০ কোটি দি কিনিব ওলোৱা কাৰ্যত ৰাজহুৱা ধনৰ ব্যাপক অপচয় হোৱা বুলি বিস্ফোৰক অভিযোগ তোলে।লগতে কেইদিনমানৰ আগতে পঞ্জীয়ন হোৱা অনিল আম্বানী মালিকানাধীন কোম্পানীক ভাৰত নিৰ্মাণৰ সুবিধা কৰি দিয়া কাৰ্য্যক কংগ্ৰেছ দলে দুৰ্নীতিৰ অভিযোগ তুলিছে।ইফালে, জন ধন আঁচনিৰ সম্পূৰ্ণ ধন অনিল আম্বানীক লোন দিয়া কাৰ্য্যকো বিৰোধিতা কৰে কংগ্ৰেছ দলে।আনহাতে, প্ৰদ্যুত বৰদলৈয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম সমুহ প্ৰধানমন্ত্ৰীৰ পকেটত সোমাই থকা বুলি বিতৰ্কিত মন্তব্য কৰে৷ সংবাদমেলত ১০ ছেপ্তেম্বৰত কংগ্ৰেছ দলে ঘোষণা কৰা ভাৰত বন্ধক সফল কৰিবলৈ আহ্বান জনাইছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ৰাফেল বিমান চুক্তি ৰাজহুৱা নকৰাত বিজেপিৰ বিৰুদ্ধে মঙলদৈত কংগ্ৰেছৰ সংবাদমেল
https://www.newsnextone.com/congress-press-meet-mangaldoi
337
খাৰুপেটীয়াঃ কৱৰস্থানৰ নৱনিৰ্মিত দেৱাল বাগৰি পৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দৰং জিলাৰ দলগাঁৱত৷ জিলাখনৰ শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ফকিৰপাৰা গাঁও পঞ্চায়তত চতুৰ্থদশ বিত্তীয় আয়োগৰ ধনেৰে নিৰ্মিত কৱৰস্থানৰ চৌহদৰ এখন দেৱাল বাগৰি পৰাত অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।পঞ্চায়তটোৰ ঘেনেমাৰী গাঁৱৰ ৰাজহুৱা কৱৰস্থানৰ দৈৰ্ঘ্য ২৮০.৮৫ মিটাৰৰ পৰিবৰ্তে মাত্ৰ ১৩৩ মিটাৰ আৰু পুতলে ১৩৬ মিটাৰ পৰিবৰ্তে কাম কৰে ১০৮ মিটাৰ কাম কৰে বুলি অভিযোগ উত্থাপন হৈ অহাৰ মাজতে দেৱাল খহি পৰে।৮ লাখ টকাৰ ব্যায়েৰে দেৱাল কেইখন নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা বুলি য়োৱা ১ মাৰ্চত স্থানীয় ৰাইজে জিলা মূখ্য কাৰ্যবাহী বিষয়াক লিখিত অভিযোগ দাখিল কৰাৰ পিছতো তদন্তৰ নামত ভেকোভাওঁনা কৰি ইউডিএফৰ পঞ্চায়ত সভানেত্ৰীৰে ঠিকাদাৰ ৰূপী স্বামীৰে বুজাবুজিৰে বিভাগীয় বিষয়া কৰ্মচাৰীয়ে অনিয়মৰ বিৰুদ্ধে কোনো পদক্ষেপ নোলোৱাৰ পৰিণতিত ৫ মাহৰ ভিতৰতে এনেকৈ খহিপৰিল বুলি গুৰুতৰ অভিযোগ উঠিছে।অভিযোগ মতে দেৱালত নিম্ন মানৰ ৰড, বালি, চিমেণ্ট, ইটা ব্যৱহাৰ কৰাৰ লগতে জালি ব্যৱহাৰ নকৰাৰ বাবে ৰাইজে প্ৰতিবাদ কৰাত ৰাইজৰ বিৰুদ্ধে ঠিকাদাৰ আছাদ আলীয়ে ধন দাবীৰ অভিয়েগ তুলি গোচৰ তৰিছিল।ইফালে ৰাইজেও ফাঁকিবাজ ঠিকাদাৰজনৰ বিৰুদ্ধে গোচৰ ৰজু কৰে যদিও তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে ৰাইজে।উল্লেখ্য যে দেৱাল খহি পৰাত এজন দূখীয়া কৃষকৰ মৰাপাট খেতিও অনিষ্ট হয়।এই ক্ষেত্ৰত বিভাগীয় কতৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ'ব৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
বাগৰিল কৱৰস্থানৰ নৱনিৰ্মিত দেৱাল
https://www.newsnextone.com/kharupetia-wall-sleep
338
বাহাৰঘাটৰ পৰা নৰেন শৰ্মা দুদিন ধৰি হোৱা বৰষুণৰ ফলত ফেনেফোটোকাৰে বাঢ়ি অহা বৰলীয়া নৈৰ বাঢ়নী পানীয়ে বুধবাৰে পুৱাৰ ভাগত ভৰালটোলাৰ কাঠৰ দলংখন সম্পূৰ্ণকৈ উটুৱাই লৈ যায়৷নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বৰগাছা (ভৰালটোলা)চুবুৰীৰ বৰলীয়া নৈৰ ওপৰত থকা দলংখন উটুৱাই নিয়াৰ ফলত কামৰূপ আৰু নলবাৰী জিলা সংযোগী অঞ্চলটোৰ জনসাধাৰণে যথেষ্ট অসুবিধা ভোগ কৰিব লগীয়া হৈছে৷ উল্লেখযোগ্য যে দীৰ্ঘদিনে জৰাজীৰ্ণ হৈ থকা উক্ত দলংখন দুয়োখন জিলাৰ ৰাইজৰ একমাত্ৰ যাতায়তৰ মাধ্যম আছিল৷অঞ্চলবাসী ৰাইজৰ প্ৰৱল দাবীৰ প্ৰতি সমৰ্থন জনাই বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই উক্ত স্থানত এখন পকী দলং নিৰ্মাণৰ বাবে কেইমাহমান আগতে আধাৰশিলা স্থাপন কৰিছিল৷গড়কাপ্তানী বিভাগৰ নলবাৰী গ্ৰাম্য পথ সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীক লগত লৈ নিৰ্মাণৰ দায়িত্বপ্ৰাপ্ত ঠিকাদাৰ আৰু দলীয় সমৰ্থকৰ সৈতে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত বিধায়কগৰাকীয়ে আধাৰশিলা স্থাপন কৰি ৰাইজৰ দীৰ্ঘদিনৰ সমস্যা এটা দূৰ হোৱা বুলি উল্লেখ কৰিছিল৷কিন্তু দুৰ্ভাগ্যজনক কথা যে দাতাই দিলেও বিধাতাই নিদিয়াৰ দৰে দলংখন নিৰ্মাণৰ দায়িত্বপ্ৰাপ্ত ঠিকাদাৰজনে আধাৰশিলাৰ কেইবামাহো অতিক্ৰম কৰাৰ পিছতো আধাৰশিলাতে নিৰ্মাণৰ কাম আৱদ্ধ ৰাখিলে৷বিধিগতভাৱে দলং নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ আগতে ওচৰৰ জৰাজীৰ্ণ দলংখন মেৰামতি কৰি ল'ব লাগে৷স্থানীয় ৰাইজেও সেইটোৱেই বিচাৰিছিল৷ কিন্তু ৰাজনৈতিক আশীৰ্বাদপুষ্ট ঠিকাদাৰজনে ৰাইজৰ অনুৰোধক আওকান কৰি মইমতালীভাৱে বৰ্তমানলৈকে কোনো কাম নকৰি মৌন হৈ বহি থাকে।যাৰ ফলত আজি কাঠৰ দলংখন বানে উটুৱাই নি ৰাইজক বিপদত পেলালে৷এতিয়া ইটো পাৰৰ মানুহে সিটো পাৰলৈ যাব লাগিলে ৫ কিলোমিটাৰ পথ অতিক্ৰম কৰিব লাগিব৷ মন কৰিবলগীয়া যে অঞ্চলটোৰ ৰাইজৰ অসুবিধাৰ গুৰুত্ব বুজি বৰক্ষেত্ৰী সমষ্টিৰ তদানীন্তন বিধায়ক পুলকেশ বৰুৱাৰ তৎপৰতাত জলসম্পদ বিভাগৰ দ্বাৰা ১৯৯৭ চনতে উক্ত কাঠৰ দলংখন নিৰ্মাণ কৰিছিল৷ কালক্ৰমত জৰাজীৰ্ণ হ'লেও উক্ত দলঙেৰে চলি আছিল ৰাইজৰ যাতায়ত৷বৰ্তমান দলংখন অবিহনে ৰাইজে যথেষ্ট অসুবিধা ভোগ কৰিব লাগিব৷ ভুক্তভোগী ৰাইজে অঞ্চলটোৰ যাতায়তৰ ব্যৱস্থা ক্ষীপ্ৰতাৰে সুচল কৰাৰ বাবে চৰকাৰক দাবী জনাইছে৷
বৰলীয়াৰ বাঢ়নী পানীয়ে উটুৱাই নিলে ভৰালটোলাৰ কাঠৰ দলং:যাতায়তৰ তীব্ৰ সমস্যা
https://www.newsasn.com/node/7788
339
ডিজিটেল ডেস্কঃ হিংসা-বিদ্বেষ বিয়পোৱা ভিডিঅ'ৰ ওপৰত কঢ়া নজৰ দিয়াৰ কথা ঘোষণা কৰিছে ফেচবুকৰ স্ৰষ্টা মাৰ্ক জুকাৰবাৰ্গে।২০১৭ বৰ্ষৰ আৰম্ভণিতে বিশেষ ব্যৱসায়িক সফলতা লাভ কৰা ফেচবুকে ফেচবুকত ভাইৰেল হোৱা ভিডিঅ'বোৰৰ চোকা দৃষ্টি ৰখাৰ বাবে সাজু কৰিছে এক বিশেষ টিম।এক বিশ্ব সম্প্ৰদায় সৃষ্টিৰ বাবে ফেচবুকে বিভিন্ন ধৰণৰ টুলচ্ তৈয়াৰ কৰাৰ কামত নিৰবিচ্ছিন্নভাৱে লাগি থকাৰ কথা ব্যক্ত কৰি জুকাৰবাৰ্গে কৈছে যে ফেচবুকত সুস্থ চিন্তাৰ মঞ্চ হিচাপে গঢ়ি তোলাৰ বাবে বিভিন্ন কৌশলগত উপায় ফেচবুকৰ কাৰিকৰী টিমে উদ্ভাৱন কৰিছে।ইতিমধ্যে এনে বহুতো কাৰিকৰী উপায়েৰে কেতবোৰ হিংসা-বিদ্বেষজনিত ভিডিঅ', সাম্প্ৰদায়িক হিংসা বিয়পাবপৰা মন্তব্য, ভুৱা খবৰ বিয়পোৱা ইউজাৰ আদিৰ ক্ষেত্ৰত ফলপ্ৰসূ হোৱাৰ কথাও উল্লেখ কৰিছে জুকাৰবাৰ্গে।এইবাৰ ভাইৰেল ভিডিঅ' আৰু কণ্টেণ্ট নীৰিক্ষণৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰাৰ কথা ঘোষণা কৰে জুকাৰবাৰ্গে।ইতিমধ্যে এই নীৰিক্ষণৰ বাবে ৪৫ হাজাৰ প্ৰযুক্তিবিদৰ টিম এটাই নিৰন্তৰ কাম কৰি আছে।এইবাৰ নতুনকৈ বিশেষ টিম এটা এইক্ষেত্ৰত নিয়োগ কৰাৰ কথা ঘোষণা কৰিছে জুকাৰবাৰ্গে।এই নতুন টিমটোত ৩ হাজাৰ কাৰিকৰী বিশেষজ্ঞ থাকিব।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ভাইৰেল ভিডিঅ'ক ফেচবুকে লগাব লেকাম
https://www.newsnextone.com/face-book-to-monitor-viral-videos-and-content/#comments
340
ওদালগুৰিঃ উত্তপ্ত হৈ পৰিছে বিটিএডিৰ ওদালগুৰি৷ বিটিএডিত অবড়োৰ ভূমিৰ অধিকাৰ খৰ্ব কৰা বুলি অভিযোগ উত্থাপন কৰি কেইবাটাও সংগঠনে প্ৰতিবাদ কৰিব অহাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয়৷ যাৰ ফলত উত্তপ্ত হৈ পৰিছে বিটিএডিৰ ওদালগুৰি চহৰ৷ বিটিএডিত অবড়োৰ ভূমিৰ অধিকাৰ খৰ্ব কৰাত নামনি অসমৰ ৰাজপথ উত্তাল হ'ব ধৰিছে৷ বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে ওদালগুৰিত কেইবাটাও সংগঠনে হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি দাহ কৰিব অহাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ বিটিএডিত জনজাতিৰ সুৰক্ষাৰ বাবে সাংবিধানিকভাৱে স্বীকৃত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ জনজাতিৰ ভূমি অজনজাতিৰ নামত কাহানিও পঞ্জীয়ন নোহোৱাৰ সিদ্ধান্ত লোৱাৰ পিছতে জ্বলিব ধৰিছে নামনি অসম৷ ট্ৰাইবেল বেল্ট আৰু ব্লকত জনজাতিৰ ভূমি অজনজাতিয়ে কিনি পঞ্জীয়ন কৰিব নোৱাৰে যদিও জনজাতিয়ে কিন্তু অজনজাতিৰ ভূমি কিনি পঞ্জীয়ন কৰিব পাৰিব বুলিও বিটিচি কৰ্তৃপক্ষই সিদ্ধান্ত লয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ওদালগুৰিত আৰক্ষী প্ৰতিবাদকাৰীৰ হতাহতি, তীব্ৰ উত্তেজনা
https://www.newsnextone.com/udalguri-protest-police-cinflict
341
চামগুৰিঃ দৰিদ্ৰতাৰ কঢ়াল গ্ৰাসে যেন আজিৰ যুগত নি:শেষ কৰিছে কৰিছে মানৱতা।খৰি-খেৰ আৰু পৰিয়ালৰ সহযোগিতাৰ অভাৱৰ বাবেই নিজ পত্নীক সৎকাৰ কৰিব নোৱাৰিলে এজন বৃদ্ধই।এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ চামগুৰিৰ আমগুৰিত।পোহৰলৈ আহিছে এক মৰ্মান্তিক ঘটনা।চামগুৰিৰ আমগুৰিৰ গনেশ লোহাৰ নামৰ এগৰাকী ব্যক্তিৰ পত্নী মাইনু এক্কা লোহাৰ নামৰ মহিলাগৰাকীৰ দীৰ্ঘদিন শাৰীৰিক অসুস্থতাত ভোগাৰ পাছতেই দেওবাৰে পুৱাই মৃত্যু হয়।ইয়াৰ পাছতেই সংঘটিত হয় এক হৃদয়বিদাৰক ঘটনা।দেওবাৰে পুৱাই মহিলাগৰাকীৰ মৃত্যু হোৱাৰ পাছত সোমবাৰে বিয়লি পৰ্যন্ত পৰিয়ালকেন্দ্ৰিক বিবাদৰ বাবেই সৎকাৰ কৰিবলৈ পৰিয়ালৰ কোনো লোক নহাৰ লগতে গনেশ লোহাৰক একাষৰীয়া কৰি থোৱাৰ বাবেই ২০ হাজাৰ টকা দিলেহে সৎকাৰৰ ব্যৱস্থা কৰা হ'ব বুলি পৰিয়ালৰ লোকে গনেশ লোহাৰক অৱগত কৰে বুলি ব্যক্তিজনে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰে।ইয়াৰ পাছতেই উপায়ন্তৰ হৈ কোনোলোক আগবাঢ়ি নহাৰ লগতে, খড়ি-খেৰৰ অভাৱত সৎকাৰৰ ব্যৱস্থা কৰিব নোৱাৰি গনেশ লোহাৰে পত্নীক বাৰিৰে নাদত পেলাই মাটিৰে পুটি থয়।পাছত সমগ্ৰ ঘটনা পোহৰলৈ অহাত স্থানীয় গাঁওবুঢ়াই আৰক্ষী-প্ৰশাসনক খবৰ দিয়ে।উক্ত খবৰৰ ভিত্তিক আৰক্ষী-প্ৰশাসনৰ উচ্চপদস্থ বিষয়া সহ অৰ্ধসামৰিক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।ইমানৰ পিছতো অৱশ্যে মৰনোত্তৰ পৰীক্ষাৰ অন্ততহে লক্ষণীয় হ'ব যে পৰিয়ালৰ লোক তথা স্থানীয় ৰাইজে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে মৃত মহিলাগৰাকীৰ সৎকাৰৰ ক্ষেত্ৰত
ধনৰ অভাৱত সৎকাৰ কৰিব নোৱাৰি পত্নীৰ মৃতদেহ নাদত পুতি থ'লে বৃদ্ধ স্বামীয়ে
https://www.newsnextone.com/print/18754
342
নগাঁওঃ দেশৰ সৰ্বোচ্চ ন্যায়ালয় উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাৰ কাম পূৰ্ণ গতিত চলি থকাৰ সময়তে যোৱা ২ ডিচেম্বৰত শিলচৰৰ এখন ৰাজহুৱা সভাত হিন্দু সংহতি'ৰ সভাপতি দেৱতনু ভট্টাচাৰ্যই কেতবোৰ সাম্প্ৰদায়ীক মন্তব্য প্ৰকাশ কৰাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ প্ৰৰোচনামূলক মন্তব্যই ৰাজ্যত অশান্তি সৃষ্টি হ'ব পাৰে বুলিও বুলিও একাংশ লোকে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷ দেৱতনু ভট্টাচাৰ্যই ৰাজহুৱা সভাত মুছলমানৰ বিৰুদ্ধে অস্ত্ৰ হাতত তুলি ল'বলৈ আৰু যুদ্ধ কৰাৰ বাবে হিন্দু সমাজক আহবান জনাইছিল।এই ধৰণৰ সাম্প্ৰদায়িক আৰু উচটনিমূলক বক্তব্যক ইতিমধ্যে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে সংগঠনটোৰ নেতাজনৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যৰ কেইবাখনো থানাত গোচৰ দাখিল কৰিছে।হিন্দু-মুছলমানৰ মাজত হিংসা আৰু বিদ্বেষৰ ভাৱ বিয়পোৱাৰ চেষ্টা চলোৱা হিন্দু সংহতি'ৰ নেতা দেৱতনু ভট্টাচাৰ্যৰ মন্তব্যৰ বিৰোধীতা কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নগাঁও জিলা সমিতিৰ উপ-সভাপতি জহিৰুল ইছলামে বুধবাৰে এজাহাৰ দাখিল কৰে৷ সাতামপুৰুষীয়া ঐক্য, সংহতি বিনষ্ট কৰিব বিচৰা দেৱতনু ভট্টাচাৰ্যক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন অধীনত গ্ৰেপ্তাৰৰ দাবী জনায় বটদ্ৰৱা আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধিৰ ধাৰাৰ অধীনত ২৩৯/১৭ নম্বৰত এটি গোচৰ ৰুজু কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
দেৱতনু ভট্টাচাৰ্যৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষী থানাত আমছুৰ গোচৰ
https://www.newsnextone.com/fir-against-batadrava-against-debatanu/#comments
343
ডিজিটেল ডেস্কঃ যোৱা ২৫ জুলাইত অনুষ্ঠিত হৈ যোৱা পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত চৰকাৰৰ গঠন কৰাৰ দিশে আগবাঢ়িছে প্ৰাক্তন ক্ৰিকেটাৰ ইমৰাণ খানৰ দল পিটিআই দল।বুধবাৰে পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটদান সন্ধিয়া ৬ বজাত সমাপ্ত হোৱাৰ পিছতে ভোটগণনা আৰম্ভ হয় আৰু বৰ্তমানেও ভোটগণনা চলি আছে।শেহতীয়াকৈ পিটিআয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে আগবাঢ়িছে বুলি খবৰ আহিছে।ইমৰাণ খানৰ তেহৰিক-ই-ইন্সাফ দলে এতিয়ালৈ ১০৫ খন আসনত জয়ী হয়।কিন্তু বিৰোধীয়ে নিৰ্বাচনত অনৈতিক পথ অৱলম্বন কৰাৰ অভিযোগ উত্থাপন কৰিছে।তাৰ লগে লগে পাকিস্তানৰ নতুন চৰকাৰৰ সৈতে কাম কৰিবলৈ আমেৰিকা সাজু থকা বুলি কয়।আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই এই কথা প্ৰকাশ কৰিছে বুলি আন্তঃৰাষ্ট্ৰীয় মিডিয়াত প্ৰকাশ পাইছে।মিডিয়াৰ খবৰ মতে, আমেৰিকাৰ বিদেশ বিভাগৰ বিষয়াগৰাকীয়ে কয় যে পাকিস্তানত চৰকাৰ গঠন কৰাৰ পিছত নেতাৰ সৈতে একেলগে কাম কৰাৰ বাবে পথ বিচাৰিম।দক্ষিণ এছিয়াৰ সুৰক্ষা, শেহতীয়া স্থিতি, সমৃদ্ধি বৃদ্ধিৰ বাবে কাম কৰাৰ স্বাৰ্থত পথ উলিওৱাৰ বাবে কাম কৰিব লাগিব।আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ বিষয়াগৰাকীয়ে আৰু কয় যে পাকিস্তানৰ ফলাফলৰ ঘোষণা জাৰি কৰাৰ বাবে আমি ৰৈ আছোঁ।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
এ লাভ কৰিছে ১০৫ খন আসন, পাকিস্তানৰ নতুন চৰকাৰৰ সৈতে কাম কৰিবলৈ সাজু আমেৰিকা
https://www.newsnextone.com/pak-election-105-pti/#comments
344
বিভিন্ন শ্ৰেণীৰ সংবাদ পত্ৰলৈ চৰকাৰী বিজ্ঞাপন প্ৰদান কৰাৰ ক্ষেত্ৰত স্বচ্ছতা আৰু গতিশীলতা অনাৰ বাবে মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীৰ সভাপতিত্বত আৰু অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড০ এ কে সিঙৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হৈ যায়।তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত হাতীগাঁৱত 'ৰাইজৰ বাতৰি' কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সভাত সাংবাদিক আৰু সংবাদকৰ্মী সংগঠনৰ কৰ্মকৰ্তাৰ লগত চৰকাৰী বিজ্ঞাপন তথা অন্যান্য বিষয়ত বিতংভাৱে আলোচনা কৰা হয়।সভাৰ আৰম্ভণিতে তথ্য আৰু জনসংযোগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাই ২০১৬-১৭ বৰ্ষৰ বিজ্ঞাপনৰ বাবদ অনাদায় ধন পৰিশোধ কৰাৰ ক্ষেত্ৰত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে।লক্ষ্যণীয় যে ক্ষুদ্ৰ বাতৰিকাকতসমূহ জীয়াই ৰখাৰ লগতে এনেবোৰ কাকতত কৰ্মৰত সাংবাদিকসকলৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নিয়মীয়া বিজ্ঞাপন প্ৰদান কৰাৰ বাবে চৰকাৰক অনুৰোধ জনায় সভাত উপস্থিত থকা সংবাদ কৰ্মীসকলে।সভাত বিভিন্ন প্ৰতিষ্ঠানৰ পৰা অহা সাংবাদিকসকলে বক্তব্য আগবঢ়াই কয় যে কিছু কিছু প্ৰতিষ্ঠানৰ মালিকপক্ষই সাংবাদিকসকলক কম দৰমহা প্ৰদান কৰি এক প্ৰকাৰ শোষন কৰি আহিছে।আৰু অহা কাৰ্যত চৰকাৰে হস্তক্ষেপ কৰাটো আমি বিচাৰো।উল্লেখ্য যে সভাত উপস্থিত একাংশ সাংবাদিকে বৰ্তমান সময়ত 'ৱেব মিডিয়া'ই এক সুকীয়া স্থান দখল কৰা বুলি উল্লেখ কৰি ৱেব প্ৰতিষ্ঠানসমূহলৈও বিজ্ঞাপন দিয়াৰ ক্ষেত্ৰত তথ্য আৰু জনসংযোগ বিভাগক আহ্বান জনায়।মন কৰিবলগীয়া যে সাংবাদিকৰ পেঞ্চন আঁচনিৰ অধীনত প্ৰতিবছৰে দহগৰাকী সাংবাদিকলৈ পেঞ্চন প্ৰদান কৰাৰ সিদ্ধান্ত সলনি কৰি এই সংখ্যা ২০ জনলৈ বৃদ্ধি কৰিবলৈও সাংবাদিকসকলে চৰকাৰী পক্ষক অনুৰোধ কৰে
সংবাদকৰ্মীৰ লগত মত বিনিময় চৰকাৰী পক্ষৰ: চৰকাৰী বিজ্ঞাপন সম্পৰ্কত আলোচনা
https://assam.nenow.in/%e0%a6%b8%e0%a6%82%e0%a6%ac%e0%a6%be%e0%a6%a6%e0%a6%95%e0%a7%b0%e0%a7%8d%e0%a6%ae%e0%a7%80%e0%a7%b0-%e0%a6%b2%e0%a6%97%e0%a6%a4-%e0%a6%ae%e0%a6%a4-%e0%a6%ac%e0%a6%bf%e0%a6%a8%e0%a6%bf%e0%a6%ae/
345
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ ৰাজধানী চহৰ শ্ৰীনগৰৰ জামিয়া মছজিদৰ সমুখতে সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষী বিষয়াক বৃহস্পতি বাৰে আবেলি নামাজৰ সময়তে উত্তেজিত জনতাই চোচৰাই নি নিৰ্মমভাৱে হত্যা কৰা ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।উপ আৰক্ষী অধীক্ষক মহম্মদ আয়ুব পণ্ডিতক সুৰক্ষা আৰু তদাৰকীৰ দায়িত্বত মছজিদটোৰ বাহিৰতে তহল দি আছিল।আত্মৰক্ষাৰ বাবেই উত্তেজিত জনতাৰ ওপৰত গুলি চলোৱাৰ পিছতে ক্ষুব্ধ হৈ পৰে জনতা।প্ৰত্যুত্তৰত জনতাই সমূহীয়াকৈ আক্ৰমণ চলাই আৰক্ষী বিষয়াজনক আক্ৰমণ কৰি চোচৰাই লৈ যায়।তাতেই নৃশংস ভাৱে হত্যা কৰা হয় বিষয়াজনক।ৰাজধানী চহৰখনৰ নাওহাট্টাত ঘটা এই ঘটনা ঘটাৰ সময়ত বিষয়া পণ্ডিত আৰক্ষীৰ পোচাকত নাছিল যদিও সন্দেহ কৰা হৈছে যে জনতাই আগৰে পৰা নজৰত ৰাখিছিল বিষয়াজনক।বহুসময়লৈ মৃত ব্যক্তিজন আৰক্ষী বিষয়া বুলি জানিব পৰা হোৱা নাছিল যদিও পিছলৈ পত্নিৰ ফোন অহাৰ পিছতেই সেইজন পণ্ডিত বুলি চিনাক্ত হয়।অঞ্চলটোত আজিৰে পৰা সুৰক্ষা ব্যৱস্থা অতি কটকটীয়া কৰি তোলা হৈছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
মছজিদৰ সমুখতে নৃশংস হত্যা আৰক্ষী বিষয়াক
https://www.newsnextone.com/cope-dragged-killed-at-srinagar/#comments
346
জিয়াউল আলী, লখিমপুৰঃ লখিমপুৰ ফুলবাৰীত মৃত্যু যন্ত্ৰণাত ছটফটাইছে এটা বনৰীয়া হাতীয়ে৷ মঙলবাৰে এটা দুৰ্ঘটনাগ্ৰস্ত বনৰীয়া হাতীয়ে নিশা খাদ্যৰ সন্ধানত ওলাই আহি অসম-অৰুণাচল সীমান্তৰ লখিমপুৰ ফুলবাৰীৰ ২ নং হাতীয়েমৰা গাঁৱৰ পুখুৰীত সোমাই মৃত্যু যন্ত্ৰণাত ছটফটাই আছে হাটীটোৱে৷ পূৰ্বতে গুলীবিদ্ধ হোৱা বুলি সন্দেহ কৰা হাতীটো ২ নং হাতীয়েমৰাৰ যাদৱ বৰা নামৰ লোকজনৰ বাৰীৰ পুখুৰীত সোমাই পৰিছে।স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক বহু পলমকৈ যায় আৰু হাতীটোক খাদ্য আৰু চিকিৎসাৰ ব্যৱস্থা কৰে।প্ৰায়ে এই অঞ্চলত হাতীয়ে উপদ্ৰৱ চলায়।বন বিভাগৰ লোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
লখিমপুৰ ফুলবাৰীত হাতী মানুহৰ সংঘাত
https://www.newsnextone.com/lakhimpur-phoolbari-elephant
347
বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশী লোকক সংস্থাপন দিবলৈ বিচৰা কাৰ্যৰ বিৰুদ্ধে এইবাৰ থিয় দিছে খোদ বিজেপিৰে বিধায়ক।মেঘালয়ৰ বিজেপি বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী এল হেক আৰু আন এগৰাকী বিধায়কে কোনো কাৰণতে বিধেয়কখন মানি নলও বুলি স্পষ্টকে উল্লেখ কৰা কাৰ্যই এতিয়া বিপাঙত পেলাইছে বিজেপিক।এল হেকৰ উপৰি আন এগৰাকী বিজেপি বিধায়ক চানবৰ চুল্লাইয়েও বিধেয়কখন উত্তৰ-পূবৰ বাবে ক্ষতিকাৰক বুলি অভিহিত কৰাৰ লগতে যদিহে মেঘালয় তথা উত্তৰ-পূবৰ পৰা এই বিধেয়কখন বাতিল কৰা নহয় তেন্তে দল ত্যাগ কৰাৰো হুংকাৰ দিয়ে চুল্লাইয়ে।ইয়াৰ উপৰি বিধায়ক চুল্লাইয়ে বিধেয়কখন বাতিল কৰাৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক চিন্তা-চৰ্চা কৰিবলৈ এমাহৰ সময়সীমাও বান্ধি দিছে।বিধায়ক চুল্লাইৰ কঠোৰ সিদ্ধান্তৰ উপৰি হেকে কয়, 'এই সন্দৰ্ভত কোনো কঠোৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে প্ৰথমে মই দলীয় নেতা-কৰ্মীৰ লগত আলোচনা কৰিম'।নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আয়োজন কৰা এক বিশাল সমদলত অংশ লৈ বিধায়ক চানবৰ চুল্লাইয়ে কয় যে যদি কেন্দ্ৰই এই ধ্বংসকাৰী বিধেয়কখন জাপি দিয়ে তেন্তে হেক আৰ মই বিজেপি ত্যাগ কৰিবলৈ সাজু আছো।এই সন্দৰ্ভত হেকে কয় যে এটা কথা সঁচা যে আমি দুয়োজন বিধায়কে এই বিধেয়কখনৰ বিৰোধিতা কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদিলৈ স্মৰাকপত্ৰ প্ৰেৰণ কৰিছো।চুল্লাইয়ে কৰা মন্তব্য সন্দৰ্ভত হেকে পুনৰ কয়, 'চুল্লাইৰ মন্তব্যক মই শলাগ লোৱাৰ লগতে আদৰণিও জনাইছো'।মন কৰিব লগীয়া যে দল ত্যাগ কৰা কাৰ্যই এটা সমস্যাৰ সমাধান নকৰে বুলিও মন্তব্য কৰে হেকে।দল ত্যাগ কৰাৰ বিপৰীতে দলৰ ভিতৰত থাকিয়েই এনেদৰে বিৰোধিতা কৰি যোৱাটো বেছি লাভজনক হ'ব বুলিও তেওঁ কয়।উল্লেখ্য যে মেঘালয়ত বিজেপি বিধায়কৰ লগতে 'এম ডি এ' চৰকাৰে 'ধৰ্মৰ নামত অনা এই বিধেয়কখন' বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে
নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপি বিধায়কৰ
https://assam.nenow.in/bjp-mlas-in-meghalaya-utter-against-cab/
348
বিহালীঃ সোমবাৰে বিশ্বনাথত চিপিআই এম-এলৰ নেতা-কৰ্মীয়ে সৰ্বহাৰাৰ নেতা দলৰ প্ৰতিষ্ঠাপক সম্পাদক বিনোদ মিশ্ৰক স্মৰণ কৰে৷ ১৯ সংখ্যাক মৃত্যু দিৱস উপল৭ে "সংকল্প" দিৱস পালন কৰে বিশ্বনাথ জিলাৰ বিশ্বনাথ, গহপুৰ আৰু বিহালী বিধান সভা সমষ্টিৰ প্ৰায় সহস্ৰাধিক দলীয় কৰ্মীয়ে৷ বৈশাকু ৰয় ঘাটোৱাৰৰ সভাপতিত্বত অনুষ্ঠিত সংকল্প দিৱসত প্ৰাক্তন শিক্ষক ধৰ্মকান্ত হালৈ, পূষ্প শৰ্মা, লাচিত দাসে উপস্থিত থাকে।বিশ্বনাথ জিলাৰ সমষ্টি সমূহৰ পঞ্চায়ত সমূহৰ দুৰ্নীতি সন্দৰ্ভত শাসকীয় চৰকাৰ আৰু কংগ্ৰেছৰ দুৰ্নীতিৰ কথা উল্লেখ কৰে সংকল্প দিৱসত অংশ গ্ৰহণ কৰে নেতা-কৰ্মীয়ে।দুবছৰ পূৰ্বে বিশ্বনাথৰ জিনজিয়া পঞ্চায়তত ৩৮টা আই এ ৱাই গৃহ আৱন্টন দিয়াত ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লোৱাত, পৰবৰ্তী পাব লগা তালিকাত খেলিমেলি, আঁচনিত দুৰ্নীতিৰ কথাও সংকল্প দিৱসত অংশ গ্ৰহণ কৰে নেতা-কৰ্মীয়ে উল্লেখ কৰে।চিপিআই এম-এলৰ ৰাজ্যিক সদস্য বিবেক দাসে কংগ্ৰেছে যদি গ্ৰামোন্নয়ন আঁচনিৰ আধা পইচা খাইছিল বিজেপিয়ে এতিয়া সম্পূৰ্ণ পইচাই আত্মসাৎ কৰিছে বুলি কয়।নৰেন্দ্ৰ মোদীৰ জন্ম দিন উপলক্ষে পঞ্চায়তে পঞ্চায়তে যি বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰিছিল যদিও বিজেপি নেতা-কৰ্মীয়ে সম্পূৰ্ণ ধনৰ মাত্ৰ এক চতুৰ্থাংশ ধন খৰচ কৰি বাকী ধন আত্মসাৎ কৰা বুলি কৈ জ্যেষ্ঠ নেতাগৰাকীয়ে নৰেন্দ্ৰ মোডীৰ জন্ম দিনটো দুৰ্নীতিৰ উৎসৱত পৰিণত কৰা বুলি বিজেপিক কটাক্ষ কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ৰ সভা, মোডীৰ জন্মদিন দুৰ্নীতিৰ উৎসৱত পৰিণত হৈছে
https://www.newsnextone.com/cpiml-meeting-at-biswanath
349
নগাঁওঃ পুনৰ নগাঁৱত জব্দ কৰা হৈছে অবৈধ মৰনাস্ত্র।নগাঁৱত সুলভ অবৈধ মৰনাস্ত্ৰ।ধাৰাবাহিক ভাবে আৰক্ষীয়ে অভিযান চলাই ধিঙৰ পৰা এটা ৭.৬৫ পিস্তল, ২জাই গুলি, এটা মেগজিন সহ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।গ্ৰেপ্তাৰ হোৱা লোকজনৰ নাম হৈছে ইনামূল হক।এই ঘটনাই উদ্বিগ্ন কৰি তুলিছে সৰ্বসাধাৰন ৰাইজক।১৮ চেপ্তেম্বৰ নিশা গুলিচালনাৰ এক ঘটনাৰ সৈতে ইনামূল জড়িত থকা বুলি নগাঁও আৰক্ষীয়ে জানিবলৈ দিছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
অপৰাধীৰ ৰম্যভূমিত পৰিণত নগাঁও চহৰ, নগাঁৱত পুনৰ জব্দ অবৈধ মৰনাস্ত্র
https://www.newsnextone.com/nagaon-illigal-weapon-recover/#comments
350
হিমন্ত বিশ্ব শর্মা হৈছে এজন 'কিং মেকাৰ'৷ আজি ৰাজহুৱাভাৱে শর্মাক উত্তৰ-পূবৰ ৰাজনৈতিক ক্ষেত্রখনৰ 'কিং মেকাৰ' বুলি অভিহিত কৰিলে কেন্দ্রীয় ড'নাৰ আৰু প্রধানমন্ত্রী কার্যালয়ৰ ৰাজ্য মন্ত্রী ড০ জীতেন্দ্র সিঙে৷ অসমৰ পাছত মণিপুৰ আৰু অৰুণাচলত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ ক্ষেত্রত মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ যি অৱদান সেয়া সকলোৰে অৱগত বুলি উল্লেখ কৰি কেন্দ্রীয় মন্ত্রীজনে কয় যে হিমন্ত বিশ্ব শর্মা কিং মেকাৰেই নহয়, তেওঁ প্রয়োজনত ৰজাক সিংহাসনচু্যতও কৰিব পাৰে৷ প্রণিধানযোগ্য যে বিগত বর্ষত অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পাছতেই গঠন হৈছিল উত্তৰ-পূব ডেমক্রেটিক এলায়েন্স চমুকৈ নেডাৰ৷ নেডাৰ আহবায়ক হিচাপে মন্ত্রী হিমন্ত বিশ্ব শর্মাই মণিপুৰত বিজেপিৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ লগতে অৰুণাচলতো বিজেপিৰ চৰকাৰ গঠন কৰিছিল৷ মন্ত্রী শর্মাই উত্তৰ- পূবত বিজেপি আৰু ইয়াৰ মিত্র দলৰ চৰকাৰ গঠন কৰাৰ ক্ষেত্রত যি ধৰণৰ পাৰদর্শিতা দেখুৱাবলৈ সক্ষম হৈছে তাৰ বাবেই তেওঁ এতিয়া ৰাষ্ট্রীয় নেতাসকলৰ প্রিয় হৈ পৰিছে৷ সেয়েহে আজি ড'নাৰ মন্ত্রীজনে শর্মাক এজন 'কিং মেকাৰ' বুলি অভিহিত কৰাই নহয় অসম, অৰুণাচল, মণিপুৰৰ পাছত অনাগত দিনত ত্রিপুৰা আৰু মেঘালয়তো বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব বুলি আশা ব্যক্ত কৰে৷
হিমন্ত বিশ্ব শর্মা এজন 'কিং মেকাৰ
https://janambhumi.in/VFZSTk1VNTZXVDA9/%E0%A6%B9%E0%A6%BF%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%B6%E0%A6%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE-%E0%A6%8F%E0%A6%9C%E0%A6%A8-%E2%80%98%E0%A6%95%E0%A6%BF%E0%A6%82-%E0%A6%AE%E0%A7%87%E0%A6%95%E0%A6%BE%E0%A7%B0%E2%80%99.html
351
আমি শ্ব' পিচ নেকি যে আমাক চাবলৈ দিল্লীৰ পৰা বাৰে বাৰে আহি থাকিব লাগে?' অসমত প্রায় এমাহজোৰা প্রলয়ংকৰী বানৰ তুলনাত গুজৰাটৰ সামান্য বানত উদগ্রীৱ হৈ ঢপলিয়াই যোৱাৰ লগতে ৫০০ কোটিৰ সাহায্য ঘোষণা কৰাত ৰাজ্যজুৰি প্রবল প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ পাছত আজি এইদৰে প্রতিক্রিয়া প্রকাশ কৰি নিজৰ ব্যর্থতা লুকুৱাবলৈ চেষ্টা কৰে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ শুভ উদ্বোধন অনুষ্ঠানত অংশ লৈ মন্ত্রীজনে অসমে কিবা নতুন কাম কৰিব পাৰিলেহে প্রধানমন্ত্রীক মাতি আনি দেখুৱাব লাগে বুলি কয়৷ তেওঁ কয় যে অসমে সদায় কেন্দ্রৰ পৰা বিচাৰি থাকোঁ৷ সদায় সমালোচনা কৰি থাকোঁ কেন্দ্রই কি দিছে বুলি৷ কিন্তু অসমে আজিলৈকে কেন্দ্রক কি দিছে বুলি তেওঁ প্রশ্ন কৰে৷ তেওঁ কয় যে ইউ পি এছ চিত দেশৰ অন্য ৰাজ্যৰ প্রার্থীসকলহে সদায় শীর্ষ এশৰ মাজত থাকে৷ ইয়াত অসমৰ কেইজন প্রার্থী থাকে৷ অসমৰ সফলতা নাথাকিলে কেন্দ্রৰ চকু কেনেকৈ পৰিব বুলি প্রকাশ কৰি অসমে যেতিয়া কিবা নতুন কাম কৰিব পাৰিব তেতিয়াহে কেন্দ্র বা প্রধানমন্ত্রীক মাতি দেখুৱাব পৰা যাব বুলি কয়৷ উল্লেখযোগ্য যে অসমত এইবাৰ প্রায় এমাহজোৰা বানত ২৯খনকৈ জিলা আক্রান্ত হোৱাৰ লগতে প্রায় ২৫ লাখ লোক বানত ককবকাবলৈ বাধ্য হয়৷ ভয়াৱহ বানত ৭৭জনকৈ লোকে প্রাণ হেৰুৱাব লগীয়া হোৱাৰ পাছতো অসমৰ দুর্দশা চাবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আহৰি নোলাল৷ তেওঁৰ সলনি কোনো জ্যেষ্ঠ মন্ত্রীকো প্রেৰণ কৰা নাছিল৷ এজন কনিষ্ঠ মন্ত্রীক প্রেৰণ কৰিয়েই মোদীয়ে দায়িত্ব সামৰিছিল৷ আনহাতে মাত্র সামান্য বানতে গুজৰাট পোৱাৰ লগতে ৫০০ কোটিৰ এককালীন সাহায্য আৰু প্রতিজন নিহতক ২ লাখকৈ ঘোষণাৰ লগতে বহুকেইখন হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান চলোৱাৰ নির্দেশ দিয়ে৷ ইয়াৰ পাছতে অসমত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷
আমি শ্ব' পিচ নেকি? হিমন্ত
https://janambhumi.in/VFZSSmVVNXFWVDA9/%E0%A6%86%E0%A6%AE%E0%A6%BF-%E0%A6%B6%E0%A7%8D%E0%A6%AC%E2%80%99-%E0%A6%AA%E0%A6%BF%E0%A6%9A-%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF||||-%E0%A6%B9%E0%A6%BF%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4.html
352
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাত এখন ৰেলৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।জানিব পৰা মতে, সোমবাৰে সন্ধিয়া ডিব্ৰুগড় বাণিপুৰ ৰেলৱে ষ্টেছনত অমৃতসৰ এক্সপ্ৰেছ নামৰ ৰেলখনৰ এটা ডবাৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ৷ গৰাকীবিহীন এই অস্ত্ৰ-শস্ত্ৰসমূহ ৰেল আৰক্ষীৰ তালাচীত উদ্ধাৰ হয়।১৫৯৩৪ নম্বৰৰ অমৃতসৰৰ পৰা আহি ডিব্ৰুগড় বাণিপুৰ ৰেলৱে ষ্টেছনত ৰখোৱাৰ পিছতে ৰেলৱে কৰ্মচাৰীয়ে চাফাই কৰি থকা সময়তে প্ৰত্যেক্ষ কৰে এই অস্ত্ৰ-শস্ত্ৰসমূহ।ইয়াকে কেন্দ্ৰ কৰি ৰেলৱে কৰ্মচাৰীসকলৰ মাজত হুৱাদুৱা লাগে।লগে ৰেলৱে আৰক্ষী আৰু ডিব্ৰুগড় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অস্ত্ৰ-শস্ত্ৰকেইটা উদ্ধাৰ কৰে।ইপিনে আৰক্ষীয়ে ৰেলখনৰ পৰা ২৬৪টা সজীৱ গুলীসহ একে ৪৭ৰ ১৪৭টা সজীৱ গুলি উদ্ধাৰ কৰিছে।তদুপৰি এটা এ কে ৪৭, ১.৯ এম এম পিষ্টলৰ দুটা অংশ, ১৩টা খালি কাৰ্টিজ উদ্ধাৰ কৰা হৈছে।শেহতীয়াকৈ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।উল্লেখ্য যে, নিৰাপত্তাৰক্ষীয়ে দপদপাই থকা যাত্ৰীবাহী ৰেলত এইদৰে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰক লৈ যাত্ৰীসকলৰ মাজত যথেষ্ট আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে।আনহাতে এই ঘটনাৰ পিছত ৰেলৱে আৰক্ষীৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৰেল যাত্ৰীসকলে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ডিব্ৰুগড়ত ৰেলৰ ডবাত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ, তীব্ৰ চাঞ্চল্য
https://www.newsnextone.com/gun-recovered-at-dibrugarh/#comments
353
শ্মীৰ: কাশ্মীৰত সন্ত্ৰাসবাদী সংগঠনৰ হিজবুল মুজাহিদীৰ এলাৰ্ট।কোনো কাশ্মীৰি লোকৰ ক্ষতি হ'লে কৰিব কাশ্মীৰত থকা বহিৰাগত বনুৱাক।এই কথা জাৰি কৰিছে মুজাহিদীয়ে এটা অডিঅ' ক্লিপৰ জড়িয়তে।হিংসা-জজ্জৰিত কাশ্মীৰত বহিৰাগত লোকৰ নিৰাপত্তাক লৈ শংকাৰ সৃষ্টি হৈছে এই হুংকাৰৰ পিছতে।১৭ মিনিটৰ এই অডিঅ'টোত এই সতৰ্কবাণী জাৰি কৰিছে সংগঠনটোৰ অপাৰেশ্যন কামাণ্ডৰ ৰিয়াজ নাইকুৱে।উল্লেখ্য যে, অডিঅ' ক্লিপটোত স্পষ্টকৈ কৈছে- 'যদি কোনো কাশ্মীৰি লোকৰ কিবা হয়, মনত ৰাখিবা যি সকল ইয়াত কাম কৰিবলৈ বাহিৰৰ পৰা আহি আছে তেওঁলোকে সোশৰীৰেৰে উভতি যাব নোৱাৰিব।' ইয়াৰ পিছত কাশ্মীৰত নিৰাপত্তাৰক্ষীয়ে কি ব্যৱস্থা লয় সেইয়া লক্ষণীয় হ'ব৷।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
কাশ্মীৰত থকা বহিৰাগত বনুৱাক হত্যাৰ হুংকাৰ হিজবুল মুজাহিদীৰ
https://www.newsnextone.com/HIJBOL/MUJAHIDDIN/KASHMIR/#comments
354
মুম্বাইৰ পৰা ব্লেংক আগ্নেয়াস্ত্ৰ কৰ্য় কৰি সেইবোৰ চলচ্চিত্ৰ আৰু টেলিভিশ্বন প্ৰডাকশ্যনৰ বাবে ভাড়াত দিয়াৰ অভিযোগ থকা দুজন চোৰাং বন্দুক যোগানকাৰীক আৰক্ষীয়ে কৰায়ত্ত কৰিছে।কেন্দ্ৰীয় অপৰাধ শাখাই এক অভিযান চলাই মহম্মদ জুনেইড (৩৮) আৰু মহম্মদ তবৰেজ (৪৫) নামৰ দুজন লোকক দক্ষিণ বাংগালুৰুৰ গুৰাপ্পানাপালায়াৰ এটা ঘৰত তালাচী চলাই গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে তেওঁলোকৰ পৰা ২৮টা অনুজ্ঞাপত্ৰহীন আগ্নেয়াস্ত্ৰ আৰু ৭৬ টা কাৰ্তিজো জব্দ কৰে।জব্দ কৰা আগ্নেয়াস্ত্ৰসমূহ ভিতৰত আছে ১১টা পিষ্টল, ১০টা ৩০৩ ৰাইফল সদৃশ বন্দুক, সাতটা ষ্টেনগান সদৃশ বন্দুক আৰু ৯ এম এম বুলেট সদৃশ ৭৬টা কাৰ্তিজ।জিলাখনক ছাদাগুনটেপালয়া আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে।অপৰাধ শাখাৰ ডিচিপি কে পি ৰবিকুমাৰে কয় যে আৰ্মছ এক্টৰ অধীনত এখন অনুজ্ঞাপত্ৰ নথকাকৈ ব্লেংক আগ্নেয়াস্ত্ৰ বিক্ৰী কৰাটো বা ভাড়াত দিয়াটো অবৈধ।তেওঁ জানিবলৈ দিয়া মতে, ব্যক্তি দুজনে দীৰ্ঘদিন ধৰি ব্যৱসায়টো চলাই আহিছিল।তেওঁলোকে এই বন্দুকসমূহ মুম্বাইৰ পৰা প্ৰতিটো ২০,০০০ৰ পৰা ২৫,০০০টকাত ক্ৰয় কৰে আৰু সেইবোৰ ১ লাখ টকাকৈ বিক্ৰী কৰে।আটক কৰা দুয়োজনৰে গেংষ্টাৰৰ সৈতে সম্পৰ্ক থকা বুলিও আৰক্ষী বিষয়াগৰাকীয়ে সন্দেহ কৰে।আন এগৰাকী বিষয়াই কয় যে লোক দুজনৰ এই আগ্নেয়াস্ত্ৰ সৰবৰাহ কৰি ধন ঘটাৰ বাদে আন কোনো বৃত্তি নাই।আৰক্ষীয়ে তেওঁলোকৰ কোন উগ্ৰবাদী গোটৰ সৈতে সম্পৰ্ক আছে নেকি সেয়া তদন্ত চলাই আছে।"আমাৰ চাৰ্ভিছ ৰিভলভাৰ/পিষ্টলতকৈ ব্লেংক বন্দুকসমূহৰ শব্দ বহু বেছি।ইয়াৰ দ্বাৰা গুলীয়াই মানুহক ভয় খুৱাবলৈ সহজ।চুৰি-ডকাইতিত এনে বন্দুকসমূহ ব্যৱহাৰ কৰিব পাৰে,"-বিষয়াগৰাকীয়ে লগতে কয়
চলচ্চিত্ৰৰ শ্বুটিঙৰ বাবে ভাড়াতীয়া আগ্নেয়াস্ত্ৰ যোগান ধৰা চোৰাং বন্দুক যোগানকাৰী আটক
https://assam.nenow.in/gun-runners-who-rented-weapons-for-film-shooting-caught/
355
জ এ.এছ.এন. প্ৰতিনিধি / 2019 মানকাচৰৰ পৰা চান বৰ আলী আজি দিনৰ ১১ বজাত হাটশিঙিমাৰীত দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ যৌথ উদ্যোগত অসমৰ পঞ্চায়ত আৰু গ্ৰামান্নয়ণ মন্ত্ৰী নৱ কুমাৰ দলে মুখ্য মন্ত্ৰী কৃষি সা-সজুলি আচঁনিৰ উদ্ধোধন কৰে।নৱ কুমাৰ দলে ভাষণ প্ৰসংগত কয়- অসম চৰকাৰে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰিবলৈ বহুতো অভিলাসী আচঁনি হাতত লৈছে।আজিৰ অনুষ্ঠানত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উপায়ুক্ত আতিকা ছুলতানা, জিলা কৃষি বিষয়া ড০ মোজাম্মিল হক, অতিৰিক্ত উপায়ুক্ত ছৈবৰ ৰহমান, ৰাজেশ্বৰ টেৰাং , বিজেপিৰ বিধায়ক অশোক কুমাৰ সিংলী, লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ সকলো বিষয়া, প্ৰাক্তন মন্ত্ৰী আমিনুল ইছলাম, বিজেপিৰ জিলা সভাপতি আবু নাছিৰ উপস্থিত থাকে।আজিৰ সভাত প্ৰায় ৫ শতাধিক কৃষকে অংশগ্ৰহণ কৰে
হাটশিঙিমাৰীত মুখ্য মন্ত্ৰী কৃষি সা-সজুলি যোজনাৰ উদ্ধোধন
https://www.newsasn.com/node/5352
356
উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭সংখ্যক দেৰগাওঁ অধিৱেশনখন আজিৰ পৰা দেৰগাৱঁৰ আহোম পথাৰত আৰম্ভ হৈছে।অহা ১০ ফেব্ৰুৱাৰি পৰ্য্যন্ত এই অধিৱেশন চলি থাকিব।লাখ লাখ অনুগামী থকা তথা মহাপুৰুষজনাৰ এক শৰণ নাম-ধৰ্মৰ আদৰ্শেৰে পৰিচালিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বাৰ্ষিক অধিৱেশনলৈ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিছে।বিভিন্ন প্ৰাথমিক, আঞ্চলিক আৰু জিলা শাখাবোৰৰ পৰা আহিব লগীয়া অনুগামী তথা বাপসকল আৰু আইসকলক আদৰিবলৈ তথা থকা-মেলাৰ সুবিধা দিবলৈ ইতিমধ্যে আয়োজক সমিতিয়ে সকলো ধৰণৰ ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা বুলি এটা সূত্ৰই জানিবলৈ দিছে।এইবাৰ অভ্যৰ্থনা সমিতিয়ে মুঠ ৬০ হাজাৰ প্ৰতিনিধিক ৰাখিব পৰাকৈ ব্যৱস্থা কৰা বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।সূত্ৰটোৱে জনোৱা মতে এইবাৰৰ প্ৰতিনিধি শিবিৰবোৰ কিছু উন্নত মানৰকৈ গঢ়ি তোলা হৈছে।তাৰ লগতে নামঘৰ, মণ্ডপ, ভোজনালয় মূল তোৰণ আদিও আন কেইবাৰতকৈ যথেষ্ট উন্নত আৰু আটকধুনীয়া কৰা হৈছে।আজি আৰম্ভণি দিনটোত বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্য্যসূচী থকা বুলি আয়োজক সমিতিৰ সূত্ৰই আমাক জানিবলৈ দিছে।তাৰ ভিতৰত পুৱা চাফাই কাৰ্য্যসূচী, প্ৰাতঃপ্ৰসংগ, বৃক্ষৰোপণ ইতিমধ্যে হৈ গৈছে।অলপ পিছতে নাট ঘৰৰ আসন প্ৰতিষ্ঠাৰ কাৰ্য্যসূচী আছে।আনহাতে আদৰণি সমিতিৰ দ্বাৰ উদ্ঘাটন কৰিব প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে, জিলা কাৰ্য্যালয়ৰ দ্বাৰ উদ্ঘাটন কৰিব প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে।১.৩০ বজাৰ পৰা মূল মণ্ডপত গ্ৰন্থ উন্মোচনী সভাৰ আয়োজন কৰা হৈছে।ইয়াত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়া উপস্থিত থকাৰ কথা।উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘ কেৱল এটা ধৰ্মীয় অনুষ্ঠানেই হৈ ৰোৱা নাই।ই শংকৰী কৃষ্টি-সংস্কৃতিৰো চৰ্চাৰ এখন মঞ্চ ৰূপে কাম কৰি আহিছে
আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক বাৰ্ষিক অধিৱেশন
https://assam.nenow.in/%e0%a6%86%e0%a6%9c%e0%a6%bf%e0%a7%b0-%e0%a6%aa%e0%a7%b0%e0%a6%be-%e0%a6%b6%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4-%e0%a6%b6%e0%a6%82%e0%a6%95%e0%a7%b0%e0%a6%a6%e0%a7%87/
357
দলীয় বিধায়কৰ মুখ বন্ধ কৰিবলৈ উঠিপৰি লাগিছে প্রদেশ বিজেপি৷ দল আৰু চৰকাৰক বিপাঙত পেলাব পৰা কোনো বক্তব্য যাতে বিধায়কসকলে নাৰাখে, তাৰ ওপৰত চকু ৰাখি প্রয়োজনত তেনে বিধায়কক লেকাম লগাবলৈ বিজেপিয়ে সিদ্ধান্ত লৈছে৷ লাহোৱালৰ বিধায়ক ঋতুপর্ণ বৰুৱাক ৰাজ্যিক বিজেপিয়ে সকীয়াই দিয়াক লৈ প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দর্ভত বিভিন্ন সময়ত কৰা মন্তব্য আৰু শেহতীয়াকৈ ড০ হীৰেন গোহঁাইৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সন্দর্ভত বিধায়ক ঋতুপর্ণ বৰুৱাই কৰা মন্তব্যৰ পাছতেই অকর্তৃত্বশীল মন্তব্য নকৰিবলৈ বিধায়কজনক দলে সকীয়াই দিছে৷ জানিব পৰা মতে, বিধায়কজনলৈ কোনো লিখিত পত্র প্রেৰণ কৰা হোৱা নাই যদিও মৌখিকভাৱে সকীয়নি বার্ দিয়া হৈছে৷ ৰাজ্যিক বিজেপিৰ এজন সাধাৰণ সম্পাদকে জনোৱা মতে, দল আৰু চৰকাৰৰ সন্দর্ভত যিকোনো মন্তব্য কৰাৰ আগতে সচেতন হ'বলৈ বৰুৱাক নির্দেশ দিয়া হৈছে৷ উল্লেখযোগ্য যে ঋতুপর্ণ বৰুৱাই ইতিপূর্বে জাতিধবংসী নাগৰিকত্ব বিধেয়ক সন্দর্ভত ব্যক্তিগতভাৱে অমত প্রকাশ কৰিছিল৷ আনকি হীৰেন গোহঁাইৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ মুখ্যমন্ত্রীৰ অজ্ঞাতে হোৱা বুলি তাৎপর্যপূর্ণ মন্তব্য কৰিছিল৷ মুখ্যমন্ত্রী সোণোৱালৰ বিৰুদ্ধে কোনোবাই ষড়যন্ত্র কৰি হীৰেন গোহঁাইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি কৈ বিধায়কজনে কৰা অভিযোগে দিছপুৰৰ লগতে বিজেপিৰ ভিতৰচ'ৰাতো জোকাৰণিৰ সৃষ্টি কৰিছিল৷ এনে মন্তব্যৰ পাছতেই লাহোৱালৰ বিধায়কজনক দলৰ নেতৃত্বই সকীয়াই দিয়াটোৱে ৰাজ্যৰ ৰাজনীতিত গুৰুত্ব লাভ কৰিছে৷ ইফালে টেলিফ'নিক বার্লাপত সাধাৰণ সম্পাদকজনে কয় যে এজন জনপ্রতিনিধি হিচাপে দলৰ কোনো বিধায়কে অকর্তৃত্বশীল মন্তব্য দিয়াটো উচিত নহয়৷ অৱশ্যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা বিজেপিৰ আন বিধায়কসকলকো দলৰ মজিয়াৰ পৰা সকীয়াই দিয়া হৈছে নেকি বুলি সাংবাদিকে কৰা প্রশ্নৰ উত্তৰ দিয়াৰ পৰা সাধাৰণ সম্পাদকজন আঁতৰি থাকে৷
অকর্তৃত্বশীলভাৱে মন্তব্য নিদিবলৈ বিধায়ক ঋতুপর্ণ বৰুৱাক নির্দেশ
https://janambhumi.in/VFdwak5VNTZUVDA9/en/VFdwak5VNTZUVDA9/%E0%A6%85%E0%A6%95%E0%A6%B0%E0%A7%8D%E0%A6%A4%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AC%E0%A6%B6%E0%A7%80%E0%A6%B2%E0%A6%AD%E0%A6%BE%E0%A7%B1%E0%A7%87-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%AC%E0%A7%8D%E0%A6%AF-%E0%A6%A8%E0%A6%BF%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88-%E0%A6%AC%E0%A6%BF%E0%A6%A7%E0%A6%BE%E0%A7%9F%E0%A6%95-%E0%A6%8B%E0%A6%A4%E0%A7%81%E0%A6%AA%E0%A6%B0%E0%A7%8D%E0%A6%A3-%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A6%95-%E0%A6%A8%E0%A6%BF%E0%A6%B0%E0%A7%8D%E0%A6%A6%E0%A7%87%E0%A6%B6.html.html
358
হাইলাকান্দিঃ বৰাক উপত্যকাৰ হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তত কেইবাখনো গাঁৱৰ লোকে বানৰ কৱলত পৰি ককবকাব লগা হৈছে৷ প্ৰায় ৯ খন গাঁৱৰ লোকে সাহায্য নোপোৱাৰ লগতে প্ৰশাসনে সহায় নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ দক্ষিণ হাইলাকান্দি উন্নয়ন খণ্ডৰ অধিনৰ ৯ গাঁও সম্পূৰ্ণ ৰূপে ডুব গৈছে৷ কিল্লাৰবাক, টুকুৰগ্ৰাম, ত্ৰিগংগা, জামিৰা, জামিৰা বাগান বস্তি, পালইছড়া, বলদাবলদি মণিপুৰ, দলাই বাগান, গুটগুটি, মণিপুৰ বাগান, নিস্কৰ আদি গাঁৱ যোৱা দুটা দিন পানীত ডুব গৈছে যদিও প্ৰশাসনে উদ্ধাৰ অভিযান নচলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ শ-শ পৰিয়ালে নিজেই গন্তব্য স্থান বিচাৰি ফুৰা পৰলিক্ষিত হৈছে৷ খাদ্যৰ সংকটত পৰিছে গাঁও সমূহৰ লোকসকল৷ ৰাষ্ট্ৰীয় ঘাইপথত যাতাযাত বন্ধ ৰখাৰ লগতে স্কুল-কলেজ সকলো বন্ধ ৰাখিছে প্ৰশাসনে৷ স্থানীয় ৰাইজে বানপীড়িত লোকসকলক পৰ্যাপ্ত সাহায্য নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে৷ আনহাতে শীঘ্ৰে ৰাইজক শিবিৰত ৰখাৰ ব্যৱস্থা কৰাৰ লগতে উদ্ধাৰ কৰিবলৈ আহ্বান জনায়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
দক্ষিণ হাইলাকান্দিৰ ৯খন গাঁও আজিও পানীৰ তলত, তীব্ৰ খাদ্য সংকট
https://www.newsnextone.com/flood-hailakandi-troyble-people
359
নামতিঃ শিৱসাগৰ জিলাৰ জাঁজীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈ দুগৰাকী লোক গুৰুতৰ ভাবে আহত হয়।জানিব পৰা মতে, ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই নম্বৰৰ হোণ্ডাই ছাইন মটৰ চাইকেল এখন।ফলত মটৰ চাইকেলত অহা দুয়োগৰাকী লোক গুৰুতৰ ভাবে আহত হয়।টিয়কৰ পৰা শিৱসাগৰ অভিমুখে আহি আছিল মটৰ চাইকেল খন।আনহাতে মটৰ চাইকেল খনক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ২০ ফুট তলত বাগৰি পৰে হ'ণ্ডাই ক্ৰেটা নামৰ বাহনখন।নম্বৰৰ তিনিচুকীয়াৰ পৰা কাজিৰঙালৈ স্বামী-স্ত্ৰীসহ পৰিয়াল আহিছিল বাহনখনত৷ দুৰ্ঘটনাত বাইক চালক আৰোহী গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হোৱাৰ বিপৰীতে হোণ্ডাই ক্ৰেতাখনৰ পৰিয়ালটো ৰক্ষা পৰে।ৰাষ্ট্ৰীয় ঘাইপথটো ভগ্ন অৱস্থাৰ বাবেই দৈনিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
জাঁজীত পথৰ পৰা ২০ ফুট তলত বাগৰি পৰিল হু'ণ্ডাই ক্ৰেটা
https://www.newsnextone.com/road-accident-jaji
360
যোৱা নিশা আৰক্ষীয়ে আটক কৰা ডকমকা-কাণ্ডৰ মূল অভিযুক্ত তথা পূৰ্বেও এটা হত্যাত অভিযুক্ত 'আলফা' ওৰফে জৰ্জ তিমুঙে কিছুমান চাঞ্চল্যকৰ স্বীকাৰোক্তি দিছে।তিমুঙে কোৱা মতে, কাৰ্বি আংলঙৰ কাংথিলাংছ'ত নীলোৎপল আৰু অভিজিতৰ সৈতে কোনো কথাত তৰ্কত লিপ্ত হৈছিল হত্যাকাণ্ডৰ মূল অভিযুক্ত জৰ্জ তিমুং।তৰ্ক লাগি থাকোতেই তিমুঙে বন্ধুবৰ্গক সেই স্থানলৈ মাতিছিল।অন্ধবিশ্বাসী মানুহৰ নৃশংসতাৰ বলি হৈ মৃত্যু হোৱা নীলোৎপল দাস।ফাইল ফটো।পৰিস্থিতি বেয়া দেখি সেই স্থান পৰিত্যাগ কৰিছিল নীলোৎপল আৰু অভিজিতে।কিন্তু 'আলফা'ৰ নিৰ্দেশত তেওঁলোকৰ গাড়ীলৈ শিলগুটি নিক্ষেপ কৰিছিল একাংশ লোকে।ইয়াৰ পিছতো একাংশ যুৱকে বাইকেৰে অনুসৰণ কৰে নীলোৎপল-অভিজিতক।ইফালে ক্ষুভিত তিমুং প্ৰতিশোধপৰায়ণ হৈ পৰিছিল।তেওঁ শিশু অপহৰণ কৰি এখন গাড়ী পলায়ন কৰা বুলি ফোন কৰি ওচৰৰ গাঁৱত মিছা খবৰ বিয়পাই দি সাধাৰণ লোকসকলক ত্ৰাসিত কৰি নীলোৎপলহঁতৰ ওপৰত প্ৰতিশোধ লোৱাৰ ষড়যন্ত্ৰ কৰে।'আলফা'ৰ ফোন পায়ে একাংশ অন্ধবিশ্বাসী লোকে নীলোৎপল আৰু অভিজিতক আবদ্ধ কৰিছিল।তাৰ পিছতে দুয়োকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল অন্ধবিশ্বাসত আক্ৰান্ত তথা উন্মত্ত লোকৰ দলটোৱে।আৰক্ষীৰ জেৰাত এইবোৰ কথা স্বীকাৰ কৰিছে 'আলফা'ই।উল্লেখযোগ্য যে ২০১২ চনতো একেদৰেই য়ু পি ডি এছ সজাই দুজনক আৰু ২০১৪ চনত মিঠু দাস নামৰ এজনক নৃশংসভাৱে হত্যা কৰা ঘটনাৰ সৈতেও জৰ্জ তিমুং জড়িত আছিল
সোপাধৰা সজাই ল'লে প্ৰতিশোধ! নীলোৎপলহঁতৰ সৈতে তৰ্ক হৈছিল ডকমকা-কাণ্ডৰ মূল অভিযুক্তৰ
https://assam.nenow.in/%e0%a6%b8%e0%a7%8b%e0%a6%aa%e0%a6%be%e0%a6%a7%e0%a7%b0%e0%a6%be-%e0%a6%b8%e0%a6%9c%e0%a6%be%e0%a6%87-%e0%a6%b2%e0%a6%b2%e0%a7%87-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%a4%e0%a6%bf%e0%a6%b6%e0%a7%8b/
361
খাৰুপেটীয়াঃ দৰং জিলাৰ পূৱ মঙলদৈ বেচৰকাৰী পৰিবহন সন্থাই বিভন্ন কাৰ্যসূচীৰে শ্ৰমিক দিৱস উদযাপন কৰে মঙলবাৰে।দিনৰ ১১ বজাত খাৰুপেটীয়াৰ মেজেষ্টিক বাছ আস্থানত সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ সভাপতি নুৰুল হক তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা।জিয়াউল হকে সভাৰ উদ্দেশ্য বাখ্যা কৰা সভাত বিশিষ্ট অতিথি হিচাপে খাৰুপেটীয়া মহাবিদ্যালয়ৰ প্ৰৱক্তা আব্দুল কৰিম আৰু সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সৰ্বেশ্বৰ দাসে উপস্থিত থাকি শ্ৰমিক সকলৰ প্ৰাপ্য মজুৰি তথা বিভিন্ন দিশৰ ওপৰত পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়।সভাত অঞ্চলটোৰ জ্যেষ্ঠ সাংবাদিক মেছেৰ আলী, অৱসৰ প্ৰাপ্ত শিক্ষক আব্দুৰ ৰহমান, প্ৰমোদ ৰঞ্জন সাহা আৰু সমাজ কর্মী ননী গোপাল সাহাক শৰাই, মানপত্ৰ, ফুলাম গামোচাৰে সম্বৰ্ধনা যাচে শ্ৰমিকসকলে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
খাৰুপেটীয়াত শ্ৰমিকে সম্বৰ্ধনা যাচিলে বিশিষ্ট নাগৰিকক
https://www.newsnextone.com/feliciation-senior-citizen-kha/#comments
362
অপুৰ্ব বৰা, তেজপুৰ তেজপুৰঃ শোণিতপুৰৰ ইটাখোলাত ১৭ জুনৰ বিয়লি সঞ্জয় ওৰাং নামৰ এজন যুৱকক উটুৱাই নিছিল দিকৰাই নদীৰ বাঢ়নী পানীয়ে৷ চাইকেলেৰে বজাৰলৈ যোৱা অৱস্থাত দিকৰাই নৈৰ সুঁতি পাৰ হ'বলৈ চেষ্টা চলাওতেই পানীৰ সোতে উটুৱাই লৈ গ'ল সঞ্জয়ক৷ বহু বিচাৰ খোচাৰৰ অন্ততো সঞ্জয়ৰ সন্ধান লাভ নকৰাত কালি পুৱাৰে পৰা এচ ডি আৰ এফ ৰ দলে সঞ্জয়ক বিচাৰি আৰম্ভ কৰিছে অভিযান৷ অভিযানত সঞ্জয়ৰ চাইকেলখন উদ্ধাৰ হৈছে যদিও আজিহে উদ্ধাৰকাৰী দলে সঞ্জয়ক উদ্ধাৰ কৰে৷ উদ্ধাৰকাৰী দলটোৱে অভিযানৰ খবৰ লাভ কৰি শ শ স্থানীয় ৰাইজ আহি উপস্থিত হয়হি ডিকৰাই নদীৰ পাৰত৷ দিকৰাই নৈত আজি উদ্ধাৰ হ'ল সঞ্জয় ওৰাঙৰ মৃতদেহ৷ এচ ডি আৰ এফ আৰুএন ডি আৰ এফৰ যৌথ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে মৃতদেহটো৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
যুৱকক উটুৱাই নিলে দিকৰাই নদীৰ পানীয়ে
https://www.newsnextone.com/tezpur-urang-boy
363
গোৰেশ্বৰঃ ভেন্সাৰ শিক্ষানুষ্ঠানৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে সময়ে-সময়ে আইন সংশোধন, আইন সলনি কৰি সময় পাৰ কৰিছে৷ ভেন্সাৰ স্কুলৰ শিক্ষক-কৰ্মচাৰীয়ে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও চৰকাৰে স্কুল সমুহ আজিলৈ প্ৰাদেশিকীকৰণ কৰা নাই।প্ৰাদেশিকীকৰণৰ দাবী সম্দৰ্ভত বিভিন্ন দিশ আলোচনা কৰাৰ বাবে অহা এক জুলাই শনিবাৰে বিটিচি শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ এখন সাধাৰণ সভা আহ্বান কৰা হৈছে।বাক্সা জিলাৰ গোৰেশ্বৰৰ বেঙেনাহাটী উচ্চ মাধ্যমিক বিদ্যালয়ত দিনৰ বাৰ বজাত অনুষ্ঠিত হ'ব লগা সভাত বিটিচিৰ সকলো ভেন্সাৰ স্কুলৰ শিক্ষক-কৰ্মচাৰীক উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে বিটিচি শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
বিটিচি শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ সভা আহ্বান
https://www.newsnextone.com/meeting-btad-non-provincialised-school-associaction
364
তেজপুৰঃ সকলো জল্পনা কল্পনাৰ অন্তত মঙলবাৰে শোণিতপুৰ জিলা পৰিষদৰ সভাপতিৰ পদত ফুলগুৰি জিলা পৰিষদৰ সদস্য ডলি চুৰিন নিৰ্বাচিত হয়।শোণিতপুৰ জিলা পৰিষদৰ নৱ-নিৰ্বাচিত সভাপতি ডলি চুৰিন দলীয় সতীৰ্থ সকলে শুভেচ্ছা জ্ঞাপন কৰি অনাগত দিনত দলৰ হৈ নিষ্ঠা আৰু সততাৰে দল তথা ৰাইজৰ কামবোৰ আগবঢ়াই নিবলৈ আহ্বান জনায়।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
শোনিতপুৰ জিলা পৰিষদৰ সভাপতিৰ পদত ডলি চুৰিন
https://www.newsnextone.com/sonitpur-district-doli-surin/#comments
365
অসমত বাস কৰা প্ৰায় ৪০ লাখ অনুসূচিত জাতি লোকৰ সৰ্বাংগীণ বিকাশ আৰু কল্যাণৰ বাবে ৰাজ্যখনৰ অন্যান্য জাতি-জনগোষ্ঠীসমূহক স্বায়ত্ত শাসন ব্যৱস্থাৰ আওতালৈ অনাৰ দাবীৰে আজি সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে।তাৰ সমান্তৰালভাৱে বৃহস্পতিবাৰে সংগঠনটোৰ কামৰূপ জিলা সমিতিয়ে চচলত দুই ঘণ্টা জোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।অৱস্থান ধৰ্মঘটস্থলীত উপস্থিত থকা পৰিষদৰ সাধাৰণ সম্পাদক কমলাকান্ত দাসে কয় "আজি সমগ্ৰ ৰাজ্যখনত অনুসূচিত জাতিক স্বায়ত্ত শাসন প্ৰদান কৰা আৰু জাতিটোৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ সমাধানৰ দাবীত জিলা সমিতি সমূহে একেলগে আন্দোলন কৰিছে।ইমানৰ পিছতো যদি চৰকাৰে আমাক গুৰুত্ব নিদিয়ে তেন্তে আগন্তুক সময়ত পৰিষদে জংগী আন্দোলন গঢ়ি তুলিব"।তদুপৰি, অহা ২৫ অক্টোবৰৰ ভিতৰত তেওঁলোকৰ এই দাবীসমূহ পুৰণ নকৰিলে ২৬ অক্টোবৰৰ দিনটোত দিল্লীৰ যন্তৰ-মন্তৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰো হুংকাৰ দিয়ে পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে।দাসে লগতে চলিত বৰ্ষৰ ৰাজ্যিক বাজেটত বিজেপি চৰকাৰে অনুসূচিত জাতিৰ উন্নয়নৰ বাবে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ আঁচনি আৰু পুঁজিৰ ব্যৱস্থা কৰা নাই বুলিও উল্লেখ কৰে।প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে 'অনুসূচিত জাতিক স্বায়ত্ত শাসন লাগিবই , বিজেপি চৰকাৰ হায় হায়, সংৰক্ষণ আইন মানি চলক, ছাত্ৰ ছাত্ৰীৰ জলপানি আদায় দিয়ক আদি শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে
অনুসূচিত জাতিক স্বায়ত্ত শাসন প্ৰদান নকৰিলে হ'ব জংগী আন্দোলন : অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ
https://assam.nenow.in/kamalakanta-das-warns-government-to-full-fill-their-demand-before-25th-octobar/
366
গুৱাহাটী ইউথ ফেষ্টিভেলত মোকা অভিনয়ৰে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়লৈ সোণৰ পদক চন্দন শৰ্মা চেপ্টেম্বৰ ৭, ২০১৯ 0 ২৮৭ মহানগৰীস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কৰা ইউথ ফেষ্টিভেলত মোকা অভিনয়ৰ দৃষ্টি বন্দী কৰা প্ৰদৰ্শনৰ জৰিয়তে চতিয়া সমষ্টিৰ অন্তৰ্গত এখন আগশাৰী শিক্ষানুষ্ঠান হিচাপে পৰিচিত কুসুমটোলাস্থিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সোণৰ পদক অৰ্জন কৰি প্ৰথম স্থান দখল কৰি মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।উক্ত মোকা অভিনয়ৰ প্ৰশিক্ষক হিচাপে পাঠশালা নিবাসী কংকণ তালুকডাৰে প্ৰশিক্ষণ প্ৰদান কৰিছিল লগতে শ্ৰেষ্ঠ দলটোৰ অভিনেতা-অভিনেত্ৰীসকল ক্ৰমে অলিম্পিকা শইকীয়া, পৰাগ বৰা, কিংকিনী বৰদলৈ, হিমাংঞ্চু হাজৰিকা, প্ৰণৱ জ্যোতি দাস আৰু চনু চৌধুৰী।ইয়াৰোপৰি কলাজত চিত্ৰ অংকণৰে দ্বিতীয় শ্ৰেষ্ঠ বঁটা লাভ কৰে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী অংকিতা হাজৰিকাই।শিক্ষাৰ্থীসকলৰ এই সফলতাক লৈ মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকল আৰু শিক্ষাৰ্থীসকল উৎফুল্লিত হোৱাৰ লগতে অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰে
গুৱাহাটী ইউথ ফেষ্টিভেলত মোকা অভিনয়ৰে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়লৈ সোণৰ পদক - ভাল খবৰ
https://bhalkhabar.com/%e0%a6%97%e0%a7%81%e0%a7%b1%e0%a6%be%e0%a6%b9%e0%a6%be%e0%a6%9f%e0%a7%80-%e0%a6%87%e0%a6%89%e0%a6%a5-%e0%a6%ab%e0%a7%87%e0%a6%b7%e0%a7%8d%e0%a6%9f%e0%a6%bf%e0%a6%ad%e0%a7%87%e0%a6%b2%e0%a6%a4/
367
অসমৰ খিলঞ্জীয়া নাগৰিকক ভূমি পট্টা প্ৰদানৰ দাবীত চচলত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।প্ৰতিবাদকাৰী সকলে গুৱাহাটীৰ চৰকাৰী মাটি, পাহাৰ, জলাশয়ৰ পাৰ, গ্ৰাণ্ট আদিত বসবাস কৰা থলুৱা লোকসকলক শীঘ্ৰে ভূমি পট্টা প্ৰদানৰ দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।কৃষক মুক্তিৰ নেতৃত্বত প্ৰতিবাদকাৰীসকলে "তেজ দিম মাটি নিদিওঁ, বহিৰাগতক মাটি দিয়া বন্ধ কৰক, ৰামদেৱক মাটিৰ পট্টা কিয় দিব?" আদি শ্লোগানেৰে উত্তাল কৰি তোলে চচলৰ ধৰ্ণাস্থল।প্ৰতিবাদত অংশ লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰে ২০১১ চনৰ জুনত দিছপুৰত ভূমি অধিকাৰ বিচাৰি পাঁচ জন লোক চহিদ হোৱাৰ পাছতো বৰ্তমানলৈ গুৱাহাটীৰ থলুৱা লোকে ভূমি পট্টা নাপালে বুলি মন্তব্য কৰে।বহু আন্দোলন, চৰকাৰৰ সৈতে আলোচনাৰ পাছতো চৰকাৰে তেওঁলোকৰ দাবী মানি নহলে বুলি অভিযোগ কৰি নৰ্থ-ইষ্ট নাওৰ মাধ্যমেৰে সোণোৱাল চৰকাৰক ভূমিহীন লোকক ভূমি পট্টা প্ৰদানৰ বাবে দাবী জনায়।আনহাতে, প্ৰতিবাদস্থলীত শেষৰফালে কিছুসংখ্যক প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হয়।প্ৰতিবাদকাৰীসকলে বেৰিকেড ভাঙি আগবাঢ়ি আহিবলৈ চেষ্টা কৰাৰ সময়ত নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীয়ে বাধা দিয়াৰ ফলতে হতাহতিৰ সৃষ্টি হয়।পৰৱৰ্তী সময়ত উপ আৰক্ষী আয়ুক্ত অঞ্জন ভূঞা প্ৰতিবাদস্থলীত উপস্থিত হৈ পৰিস্থিত নিয়ন্ত্ৰণ কৰাৰ লগতে প্ৰতিবাদকাৰী সকলে মুখ্য মন্ত্ৰীলৈ দিয়া স্মাৰক পত্ৰ গ্ৰহণ কৰে
খিলঞ্জীয়াক ভূমি পট্টা প্ৰদানৰ দাবীৰে চচলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ
https://assam.nenow.in/kmss-stage-protest-demanding-land-allocation-to-yhe-indigenious-people-of-assam/
368
নলবাৰীঃ আজি নলবাৰী জিলাৰ অগ্নিশালা সত্ৰৰ দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যাপক নৃপেন্দ্ৰ নাথ কলিতাক মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ একতা সভাৰ ফালৰ পৰা বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়।মহাবিদ্যালয়ৰ অধ্যক্ষ ৰাধানাথ কলিতাই আঁত ধৰা অনুষ্ঠানত সকলো শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।অনুষ্ঠানত সদ্য অৱসৰপ্ৰাপ্ত অধ্যাপক নৃপেন্দ্ৰ নাথ কলিতাই নিজৰ শিক্ষক বৃত্তিৰ দৰে চাকৰিৰ কাৰ্যকালৰ আভাস দাঙি ধৰে আৰু শিক্ষক-কৰ্মচাৰী সকলৰ সহযোগ তথা আন্তৰিকতাৰ বিষয়ে আলোকপাত কৰি আৱেগিক হৈ পৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
অধ্যাপক নৃপেন্দ্ৰ নাথ কলিতাক বিদায় সম্বৰ্ধনা
https://www.newsnextone.com/felicitation-teacher-nalabari
369
বৰপথাৰঃ গোলাঘাট জিলাত পুৱাৰ ভাগতে সংঘটিত হ'ল এক দুখজনক ঘটনা৷ গোলাঘাট জিলাৰ বৰপথাৰ থানাৰ অন্তৰ্গত টেঙানী গাঁৱৰ সমীপৱৰ্তী ৰেলৱে লাইনত এগৰাকী মহিলা পুৱাভাগত ৰেলৰ আগত পৰি মৃত্যু হয়৷ মৃত মহিলাগৰাকী জুনমনি বুঢাগোঁহাই বুলি জানিব পৰা গৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
বৰপথাৰত ৰেলৰ আগত পৰি মহিলাৰ মৃত্যু
https://www.newsnextone.com/women-died-in-rail-accident-borpothar/#comments
370
উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ দায়িত্বত থকা দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ এটা আজৱ কাণ্ডৰ কথা পোহৰলৈ আহিছে।এজন আৰ টি আই কৰ্মীয়ে বিভাগটোত কিছুমান তথ্য বিচাৰি দিয়া আৱেদনৰ উত্তৰ দিবলৈ বিভাগটোৱে ল'লে প্ৰায় এবছৰ সময়।তথ্য জনাৰ অধিকাৰ আইন, ২০০৫-ৰ নিয়ম হ'ল এই আইনৰ অধীনত কৰা তথ্য বিচৰাৰ আৱেদনৰ উত্তৰ ৩০ দিনৰ ভিতৰত দিব লাগে।আৰ টি আই কৰ্মী দিপুলজ্যোতি হাজৰিকাই যোৱা বছৰৰ ১০ ছেপ্টেম্বৰত বিভাগটোৰ কিছুমান গুৰুত্বপূৰ্ণ তথ্য বিচাৰি আৱেদন কৰিছিল।হাজৰিকাই বিভাগটোত কৰ্মৰত যুটীয়া সঞ্চালক মৌচুমী সেনৰ "সহকাৰী সঞ্চালক" আৰু "উপ-সঞ্চালক" পদলৈ হোৱা পদোন্নতিকে ধৰি সকলোবোৰ বিভাগীয় পদোন্নতিৰ বাবে বিভাগীয় পদোন্নতি কমিটিয়ে প্ৰস্তুত কৰা কাৰ্য্যবিৱৰণিৰ প্ৰতিলিপি বিচাৰিছিল।কিন্তু বিভাগটোৱে সংশ্লিষ্ট আইনখনৰ প্ৰতি চৰম অৱজ্ঞা প্ৰদৰ্শন কৰি ৩০ দিন পাৰ হৈ যোৱাৰ পিছতো হাজৰিকাৰ আৱেদনখনৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে।৯০ দিন পাৰ হোৱাৰ পিছতো কোনো উত্তৰ নাপাই হাজৰিকা অৱশেষত অসম তথ্য আয়োগৰ কাষ চাপে।হাজৰিকাক তথ্য দিবৰ বাবে আয়োগে নিৰ্দেশ দিয়াত অৱশেষত বিভাগটোৱে মৌচুমী সেনৰ "সহকাৰী সঞ্চালক" আৰু "উপ-সঞ্চালক" পদলৈ হোৱা পদোন্নতি দুটাৰ বাবে বিভাগীয় পদোন্নতি কমিটিয়ে প্ৰস্তুত কৰা কাৰ্য্যবিৱৰণিৰ ফাইল বিচাৰি পোৱা নগ'ল বুলি উত্তৰ দিয়ে।যোৱা ৯ ছেপ্টেম্বৰতহে, অৰ্থাৎ আৱেদন দাখিলৰ প্ৰায় এবছৰৰ মূৰতহে বিভাগটোৱে এইদৰে উত্তৰ দিয়ে হাজৰিকাক।হাজৰিকাই জনোৱা মতে ১৯৯৩ চনত মৌচুমী সেনে বিভাগটোৰ অধীক্ষক হিচাপে যোগদান কৰিছিল।২০০৬ চনত সহকাৰী সঞ্চালক পদলৈ আৰু তাৰ পাছত তেওঁ উপ-সঞ্চালক পদলৈ পদোন্নতি লাভ কৰে।"পদোন্নতিৰ কোনো কাৰ্য্যবিৱৰণি নথকাকৈ কেনেকৈ পদোন্নতি বৈধ হ'ব পাৰে" বুলি মন্তব্য কৰি আৰ টি আই কৰ্মীজনে ইয়াত "বহু কিবাকিবি বিভাগীয় খেলিমেলি"ৰ ইংগিত দেখা পোৱা বুলি কয়।"সেনৰ পদোন্নতি সন্দেহৰ আৱৰ্তত আহিব লগীয়া এটা বিষয়", নৰ্থ-ইষ্ট নাওৰ আগত হাজৰিকাৰ মন্তব্য।যোৱা ২৩ ছেপ্টেম্বৰত হাজৰিকাই এই সমগ্ৰ বিষয়টোত মুখ্য মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰাৰ লগতে এনে কাৰ্য্যৰ বিৰুদ্ধে মুখ্য মন্ত্ৰীৰ পৰা উচিত তদন্ত দাবী কৰে।ইপিনে, নৰ্থ-ইষ্ট নাওৰ তৰফৰ পৰা বিভাগটোৰ সঞ্চালক মৃগেশ নাৰায়ণ বৰুৱাক এই বিষয়ে জানিবলৈ ফোন কৰা হৈছিল যদিও ফোনত সঁহাৰি পোৱা নগ'ল
দক্ষতা বিকাশ বিভাগৰ "দক্ষতা"ৰ নমুনা; বিচাৰি নাপালে যুটীয়া সঞ্চালকৰ পদোন্নতি সম্পৰ্কীয় ফাইল
https://assam.nenow.in/assam-rti-activist-gets-reply-as-file-is-not-being-able-to-trace-after-1-year-of-application/
371
পাঞ্জাবাৰীঃ মহানগৰীৰ সিজুবাৰীৰ শ্বাহনগৰৰ মিৰজাক তালীফৰ বাসগৃহৰ পৰা হাতীগাঁও আৰক্ষীৰ সহযোগত চাইল্ড লাইনে এটি দহ বছৰীয়া কিশোৰীক উদ্বাৰ কৰে।কিশোৰী গৰাকীয়ে প্ৰায় এবছৰ পূৰ্বৰে পৰা তালিফৰ বাসগৃহত বনকৰা শ্ৰমিক হিচাপে কাম কৰি আছিল।চাইল্ড লাইনে উদ্ধাৰ কৰা কিশোৰী গৰাকী গোৱালপাৰা জিলাৰ পাইকানৰ জনৈক আলীৰ কন্যা বুলি জানিব পৰা গৈছে।তালিফে ঘৰুৱা সকলো কামতে কিশোৰী গৰাকীক নিয়োজিত কৰিছিল বুলি কিশোৰী গৰাকীৰ ভাষ্যত প্ৰকাশ পাইছে।উল্লেখ যোগ্য যে চাইল্ড লাইনে কিশোৰী গৰাকীক উদ্বাৰ কৰি নিজৰ জিম্মাত ৰাখি তালিফৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হব বুলি কয়।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
হাতীগাঁৱত শিশু শ্ৰমিক উদ্বাৰ
https://www.newsnextone.com/child-labour-rescued-at-hatigaon
372
ৰঙিয়াঃ ৰঙিয়াত সদৌ অসম ভিত্তিত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ ৰঙিয়া জনকল্যাণ সমিতিৰ উদ্যোগত অহা ১৬ আৰু ১৭ ডিচেম্বৰত তৃতীয় বাৰ্ষিক সদৌ অসম ভিত্তিত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা খন ৰঙিয়া সংগম সংঘৰ বাকৰিত অনুষ্ঠিত হ'ব।ৰঙিয়া জনকল্যাণ সমিতিৰ সভাপতি আনিছৰ ৰহমান আৰু সম্পাদক নাৰায়ণ দত্তই খেল সমূহ সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত কৰা হ'ব বুলি কয়।চেম্পিয়ন দলক নগদ ২০ হাজাৰ টকা আৰু ৰাণাৰ্চ-আপ দলক বটাঁসহ নগদ ১০ হাজাৰ টকা প্ৰদান কৰিব।লগতে খেলৰ মেন অৱ দ্যা ছী-ৰিয আৰু মেন অৱ দ্যা মেচ বটাঁ প্ৰদান কৰা হ'ব৷ ক্ৰিকেট দলসমূহক খেল পৰিচালনা সমিতিৰ সভাপতি আনিছৰ ৰহমান আৰু সম্পাদক নাৰায়ণ দত্তৰ ৭০০২৩-০২৮৭৫ৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাই পৰিচালনা সমিতিয়ে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ৰঙিয়াত দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা
https://www.newsnextone.com/cricket-competition-at-rangia
373
জুৰীয়াত আৰক্ষীৰ ছত্ৰছায়াত মদ-জুৱা-ড্ৰাগছৰ অবাধ প্ৰচলনত ক্ষুব্ধ জনতা নগাঁওঃ নগাঁও জিলাৰ অন্তৰ্গত জুৰীয়াত দেওবাৰে আমছুৰ উদ্যোগত তথা ৰাইজৰ সহযোগত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ জুৰীয়াৰ বালুকটিয়াত দীৰ্ঘ দিনে চলি থকা ড্ৰাগছ, মদ, জুৱাৰ আদিৰ অবাধ প্ৰচলন বন্ধৰ বাবে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী৷ আৰক্ষীয়ে অঞ্চলটোত চলি থকা অসামাজিক কাৰ্য-কলাপ ৰোধ কৰাৰ ক্ষেত্ৰত ৰহস্যজনকভাৱে নীৰৱ ভূমিকা গ্ৰহণ কৰি অহাত ড্ৰাগছ ব্যৱসায়ীয়ে বালুকটিয়াত চলাই আহিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা৷ কেৱল ড্ৰাগছেই নহয়, একাংশ অসাধু ব্যৱসায়ীয়ে অঞ্চলটোত জুৱা, মদ, ভাং আদিৰ অবাধ বেহা চলাই সামাজিক আৰু শৈক্ষিক পৰিৱেশ কলুষিত কৰি তুলিছে৷ নৱ-প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া এনেবোৰ অপকাণ্ডৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ স্থানীয় ছাত্ৰ সংগঠনটোৰ লগতে অঞ্চলটোৰ ৰাইজে একাধিকবাৰ আৰক্ষীক অৱগত কৰি অহাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ এইদৰে আজি ৰাজপথলৈ ওলাই আহি ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে অৱস্থান ধৰ্মঘট পালনেৰে প্ৰতিবাদ জনাই পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰীসকলে অনাগত দিনত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোনৰ হুংকাৰ দিয়ে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
ৰাজপথলৈ কিয় ওলাই আহিল ছাত্ৰ-ছাত্ৰী
https://www.newsnextone.com/nagaon-protest-drugs
374
ডিব্ৰুগড়ঃ অসমৰ সংবাদ-জগতত সংযোজন ঘটিল আন এক সংবাদ পত্ৰ।ডিব্ৰুগড়ৰ পৰা প্ৰকাশ পাবলগীয়া 'দ্য ফ্ৰন্টিয়াৰ ডেইলি' নামৰ সংবাদ পত্ৰখন আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।ডিব্ৰুগড় নটৰাজ হোটেলত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত কাকতখন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক সুবীৰ ভৌমিকে।তেঁও কাকতখন উন্মোচন কৰি দিয়া ভাষণত সংবাদ পত্ৰৰ বিভিন্ন দিশ নিৰ্দেশনাৰ ওপৰত বক্তব্য আগবঢ়োৱাৰ লগতে সংবাদ-পত্ৰ এখনে ৰাজনৈতিক ব্যক্তি এজনৰ বক্তব্যৰ সম্পৰ্কত নিৰ্ভৰ কৰি বাতৰি পৰিৱেশন কৰিব নালাগে বুলি মন্তব্য কৰে।'দ্য ফ্ৰন্টিয়াৰ ডেইলি'ৰ সম্পাদক ৰিপুঞ্জয় দাসে আত ধৰা অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক শোভিত ছেত্ৰীয়ে যিমানেই বাতৰি কাকতৰ সংখ্যা বৃদ্ধি পাইছে সিমানেই বাতৰি কাকতৰ পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পাই আহিছে বুলি উল্লেখ কৰি বাতৰি কাকতলৈ আহি থকা প্ৰত্যাহ্বানৰ মাজতে 'দ্য ফ্ৰন্টিয়াৰ ডেইলি'ৰ আত্মপ্ৰকাশে সংবাদ জগতত ইতিবাচক বাৰ্তা বহন কৰা বুলি ভাষণত উল্লেখ কৰে।আন এগৰাকী জ্যেষ্ঠ সাংবাদিক শৰত নেওগে সংবাদ পত্ৰ প্ৰকাশ এক প্ৰকাৰৰ ব্যৱসায় হ'লেও সামাজিকভাৱেও দায়ৱদ্ধ বুলি উল্লেখ কৰে।তেওঁ সংবাদ মাধ্যমক এটা শ্ৰেণীয়ে শোষণ কৰি আছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।আজিৰ সভাত উজনি অসমৰ বাতৰি কাকত বিক্ৰেতা 'সুৰভি সাহিত্য কুটীৰ'ৰ স্বত্বাধিকাৰ শ্ৰীকান্ত ভড়ালী, ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সম্পাদক মানসজ্যোতি দত্ত আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
সংবাদ জগতত নৱতম সংযোজন 'দ্য ফ্ৰন্টিয়াৰ ডেইলি
https://www.newsnextone.com/frontier-daily-inauguration-at-dibrugarh
375
গুৱাহাটীঃ যোৱা বিধান সভা নিৰ্বাচনত অসমৰ একাংশ জাতীয় দল-সংগঠনে বিজেপিক চৰকাৰ গঠনত আওপকীয়াকৈ হলেও সহায় কৰা বুলি সময়ে সময়ে চৰ্চা হৈ আহিছে৷ অসমৰ কেইবাটাও জাতীয় সংগঠনে সহায় কৰা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এইবাৰ মুকলি মঞ্চত যোৱা বিধান সভা নিৰ্বাচনত বিজেপিক চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সহায় কৰা বুলি স্বীকাৰ কৰে এগৰাকী আলোচনীপন্থী নেতাই৷ দেওবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱাত আলোচনাপন্থী আলফাৰ জ্যেষ্ঠ নেতা জিতেন দত্তই এটি বিহু অনুষ্ঠানত অংশ লৈ অকপটে স্বীকাৰ কৰি যোৱা বিধান সভা নিৰ্বাচনত বিজেপিক চৰকাৰ গঠন কৰাত সহায় কৰা বুলি কয়৷ অসমত বিজেপিক চৰকাৰ বনোৱাত সহায় কৰিছিল বুলি আলোচনাপন্থী আলফাৰ নেতাগৰাকীয়ে দেওবাৰে অকপটে স্বীকাৰ কৰে৷ কিন্তু বৰ্তমানৰ পৰিস্থিতি লক্ষ্য কৰি নেতাগৰাকীয়ে বিজেপিয়ে অসমক চৰম প্ৰতাৰণা কৰা বুলি কয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
যোৱা বিধান সভা নিৰ্বাচনত বিজেপিক সহায় কৰিছিল আলোচনাপন্থী আলফাৰ নেতাই
https://www.newsnextone.com/comments-of-jiten-dutta
376
মুম্বাইঃ অসমত পোন প্ৰথবাৰৰ বাবে মোবাইল সেৱা আৰম্ভ কৰি বিপ্লৱৰ সূচনা কৰা কোম্পেনীটোৱে বন্ধ হ'ব৷ হয়, ৰিলায়েন্স টেলিকমিউনিকেচনে তেওঁলোক দুৰসংযোগ সেৱা বন্ধ কৰিব বুলি জানিব পৰা গৈছে।অহা ৩০ নৱেম্বৰৰ দিনতো তেওঁলোকৰ কৰ্মচাৰী সকলৰ চাকৰিৰ শেষ দিন বুলি তেওঁলোকে ঘোষণা কৰিছে।ইয়াৰ ফলত কোম্পানীতোৰ প্ৰায় ১২০০ কৰ্মচাৰী ভৱিষ্যত অনিশ্চিত হৈ পৰিছে।ইফালে বহস্পতিবাৰৰ প্ৰায় গোটেই দিনতো নেটৱৰ্কে কাম নকৰাৰ ফলত অসমত ৰিলায়েন্স মোৱাইলৰ গ্ৰাহক সকলৰ মাজত হাহাঁকাৰৰ সৃষ্টি হৈছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
অসমত পোন প্ৰথমে মোবাইল সেৱা আৰম্ভ কৰা ৰিলায়েন্স হ'ব বন্ধ
https://www.newsnextone.com/relience-bandh-from-30-nov
377
পশ্চিম নলবাৰীঃ নলবাৰী বিধান সভা সমষ্টিৰ বিধায়ক অশোক শৰ্মাই যোৱা ১১ তাৰিখে আবেলি ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদৰ বেৰ, লৌহ গেট, ৰোগীৰ জিৰনী কোঠা আৰু ৰাজহুৱা শৌচগাৰৰ আধাৰশিলা স্হাপন কৰে৷ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ অনুমোদিত নলবাৰী জিলা গড়কাপ্তাণী (গৃহ বিভাগ) বিভাগৰ দ্বাৰা আবন্টিত প্ৰায় ১৭ লাখ টকাৰ উদগনি আগবঢ়ায়৷ লগতে নিৰ্মাণ হ'বলগীয়া উক্ত কাম চাৰিটাই স্বাস্থ্য কেন্দ্ৰটোত দীৰ্ঘদীন ধৰি ভূগি অহা ৰাইজৰ অসুবিধা দূৰ কৰিব বুলি বিধায়ক গৰাকীয়ে ভাষনৰ প্ৰসংগত উল্লেখ কৰে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
চাৰিটাকৈ উন্নয়ণ মূলক কামৰ আধাৰশিলা বিধায়ক অশোক শৰ্মাৰ
https://www.newsnextone.com/half-dozen-of-public-health-care-center-by-mla-ashok-sharma
378
জ এ.এছ.এন. প্ৰতিনিধি / 2019 লাহৰীঘাটৰ পৰা স্বামীমূল ইছলামৰ প্ৰতিবেদন : মৰিগাঁও জিলাৰ নৈ-পৰীয়া অঞ্চল লাহৰীঘাটৰ বিভিন্ন বিদ্যালয়ৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা প্রায় অৰ্ধ শতাধিক কৃতি ছাত্র ছাত্ৰীক আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ টেঙাগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু টেঙাগুৰি ইকৰা একচেলেঞ্জ একাডেমিৰ সহযোগত একোখনকৈ ফুলাম গামোচা, কিতাপ আৰু প্ৰসস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে অবিভাৱক সকলকো একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।সম্বৰ্ধনা অনুষ্ঠানটোত আমন্ত্ৰিত অথিতি সকলে ছাত্র ছাত্ৰী সকলৰ ভৱিষ্যত জীৱন সম্পৰ্কে বহু সাৰুৱা বক্তব্য প্ৰদান কৰে।সম্বৰ্ধনা অনুষ্ঠানটোত উপস্থিত থাকে ইকৰা একচেলেঞ্জ একাডেমীৰ অধ্যক্ষ ওৱাহিদুৰ ৰহমান , উপাধ্যক্ষ মহিবুৰ ৰহমানৰ লগতে বিদ্যালয়খনৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী সকল আমছুৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি দিলোৱাৰ হুছেইন, সম্পাদক মনোৱাৰ হুছেইন , উপ সভাপতি চান মাহমুদ , প্ৰাক্তন সভাপতি আক্তাৰ হুছেইন, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক আনোৱাৰ হুছেইন,মিঞা যুৱ পৰিষদৰ সাধাৰণ সম্পাদক ফেৰদৌছ জিন্নাৰ লগতে আমছুৰ বিভিন্ন পৰ্যায়ৰ কৰ্মী সকল।অনুষ্ঠানটোত প্ৰায় দুই শতাধিক ছাত্র ছাত্ৰীৰ লগতে অবিভাৱক অবিভাৱিকা সকলো উপস্থিত থাকে
লাহৰীঘাটত কৃতি ছাত্র ছাত্ৰীক সম্বৰ্ধনা
https://www.newsasn.com/node/7452
379
ডিব্ৰুগড়ঃ সদৌ টাই আহোম ছাত্ৰ সন্থাই জনজাতিকৰণৰ কৰাৰ দাবীত বুধবাৰে পুৱাৰে পৰা আহ্বান জনোৱা অসম বন্ধৰ ব্যাপক প্ৰভাৱ পৰে উজনি অসমত৷ উজনিৰ কেইবাখনো জিলাত বুধবাৰে পুৱাৰে পৰা শিক্ষানুষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, যান-বাহনৰ চলাচল বন্ধ হৈ পৰা দেখা যায়৷ একাংশ বন্ধৰ সমৰ্থকে পুৱাৰে ৰাজ পথলৈ ওলাই আহি গাড়ী মটৰ চলাচলত বাধা আৰোপ কৰাৰ লগতে পথত টায়াৰ জ্বলাই ৰাজ্য-কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ২০১৪ চনত লোকসভা নিৰ্বাচনত টাই আহোম জনগোষ্ঠীকে ধৰি ৬ জনগোষ্ঠীক বিজেপি দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হলে জনজাতিকৰণ কৰাৰ প্ৰুতিশ্ৰুতি দিছিল যদিও প্ৰতিশ্ৰুতি পালন নকৰাত ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে৷ বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ ৪ বছৰ পাৰ হ'বৰ হ'ল যদিও আজিলৈ ৬ জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে বুলি কয়৷ আনহাতে আটাছুৰ অসম বন্ধক মুকলি সমৰ্থন জনাইছে সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ লগতে কেইবাটাও সংগঠনে৷ নিৰ্বাচনী বৈতৰণী পাৰ হৈ অসমত চৰকাৰ গঠন কৰাৰ পিছত অসমৰ খিলঞ্জীয়াক সুৰক্ষা দিয়াৰ বিপৰীতে হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰি অসমীয়াক সংখ্যলঘু কৰিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবী জনায়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
জনজাতিকৰণ, উজনিত বন্ধৰ ব্যাপক প্ৰভাৱ
https://www.newsnextone.com/upper-assam-bandh/#comments
380
নতুন দিল্লীঃ ভাৰতৰ বাবে ঐতিহাসিক দিন।বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম নিৰপেক্ষ দেশ হিচাপে ভাৰতে শনিবাৰে পুনৰ বাট দেখুৱালে পৃথিৱীবাসীক।বিশ্বৰ দেশে দেশে হিন্দু-মুছমানৰ সংঘাতৰ পৃষ্ঠাক একাষৰীয়া কৰি ৰাখি শনিবাৰে ভাৰতে সমিলমিলৰে অন্ত পেলালে বহু দশকজোৰা এক সংঘাতৰ।কাৰো ধৰ্মীয় অনুভূতিত আঘাত নহনাকৈ সৰ্বোচ্চ ন্যায়ালয়ে দিলে এই ৰায়।দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বাধীন ৫ জনীয়া ন্যায়াধীশৰ বিচাৰপীঠে বিবদমান ৰামজনমভূমি-বাবৰি মছজিদৰ গোচৰৰ ৰায় প্ৰদান কৰি কয় যে ৰামৰ জন্মভূমি অযোধ্যাৰ নিৰ্দিষ্ট স্থানডোখৰতে ৰাম মন্দিৰ নিৰ্মাণ হ'ব।ঠিক সেইদৰে অযোধ্যাৰ গুৰুত্বপূৰ্ণ স্থানত ছুন্নী ৱাকফ ব'ৰ্ডক ৫ একৰ বিকল্প ভূমি প্ৰদান কৰিবলৈ উচ্চতম ন্যায়ালয়ে চৰকাৰক নিৰ্দেশনা প্ৰদান কৰে।৭০ বছৰ পুৰণি এই ঘটনা সম্পৰ্কত বহু কেইখন আবেদন দাখিল কৰা সত্বেও উচ্চতম ন্যায়ালয়ে মূল আবেদনখনহে(ৰাম লাল্লা বিৰাজমানে কৰা) গ্ৰহণ কৰি বাকীসমূহক নাকচ কৰে।মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বিচাৰপীঠৰ বাকী কেইজন ন্যায়াধীশ হৈছে শাৰদ অৰবিন্দ ববডে, ন্যায়াধীশ অশোক ভূষণ, ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড আৰু ন্যায়াধীশ এছএ নাজীৰ।উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে অহা ৩ মাহৰ ভিতৰত ন্যাসৰক্ষী পৰিষদ গঠন কৰিব লাগিব
৭০ বছৰ পুৰণি বিবাদে মিলন ঘটালে হিন্দু-মুছলমানক
https://assamtimespost.com/?p=8790
381
শ্বাহ আলাউদ্দীন আহমেদ, মুকালমুৱা মুকালমুৱা আঞ্চলিক ক্ৰীড়া সংস্থা, চমুকৈ মাছাৰ দ্বাৰা পৰিচালিত, সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অষ্টম বাৰ্ষিক চক্ৰধৰ ডেকা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাখন কাইলৈৰ পৰা আৰম্ভ হ'ব।কাইলৈ মুকালমুৱাৰ দেশভক্ত ময়দানত নৱনিৰ্মিত ব্যয়বহুল ৰাজ্যৰ প্ৰথমটো গ্ৰীন গেলাৰী আৰু খেলখন উদ্ধোধন কৰিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেয়ে।কাইলৈৰ খেলত অংশগ্ৰহণ কৰিব বৰপেটাৰ আভা দল আৰু মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাই।এইবাৰ প্ৰতিযোগিতাৰ বিজয়ী দললৈ এক লাখ টকা আৰু বিজিত দললৈ ৭৫ হাজাৰ টকা প্ৰাইজমানী আগবঢ়োবা হ'ব।ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলৰ ১৬টা আগশাৰীৰ দলে অংশগ্ৰহণৰ নিশ্চিতি প্ৰদান কৰিছে।এম জি এনৰেগাৰ প্রায় ৭৫ লক্ষৰো অধিক ধনেৰে ন ৰূপত নিৰ্মাণ কৰি উলিওৱা ষ্টেডিয়ামখন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰিব অসম চৰকাৰৰ পঞ্চায়ত, গ্ৰামোন্নয়ন আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেয়ে।উল্লেখযোগ্য যে বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ তত্বাৱধানত ষ্টেডিয়ামখনৰ নিৰ্মাণ কাৰ্য চলিছিল।কাইলৈৰ অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, জিলাৰ উপাযুক্ত সঞ্জীৱ নাৰায়ণসহ কেইবা গৰাকী ক্ৰীড়াবিদ আৰু বিশিষ্ট লোক উপস্থিত থাকিব।ইফালে, অহা ৮ অক্টোবৰত অনুষ্ঠিত হ'ব লগা চূড়ান্ত খেলখনত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব বুলিও বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই জানিবলৈ দিয়ে
কাইলৈৰ পৰা চক্ৰধৰ ডেকা ফুটবল প্ৰতিযোগিতা, উদ্বোধন হ'ব ৰাজ্যৰ প্ৰথমটো গ্ৰীন গেলাৰী
https://janambhumi.in/VFdwUk5VOVVWVDA9/%E0%A6%95%E0%A6%BE%E0%A6%87%E0%A6%B2%E0%A7%88%E0%A7%B0-%E0%A6%AA%E0%A7%B0%E0%A6%BE-%E0%A6%9A%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A7%B0-%E0%A6%A1%E0%A7%87%E0%A6%95%E0%A6%BE-%E0%A6%AB%E0%A7%81%E0%A6%9F%E0%A6%AC%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A6%BF%E0%A6%A4%E0%A6%BE,-%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A7%8B%E0%A6%A7%E0%A6%A8-%E0%A6%B9%E2%80%99%E0%A6%AC-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A5%E0%A6%AE%E0%A6%9F%E0%A7%8B-%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%A8-%E0%A6%97%E0%A7%87%E0%A6%B2%E0%A6%BE%E0%A7%B0%E0%A7%80.html
382
চামগুৰিঃ শনিবাৰে নিশা নগাঁও-কাৰ্বিআংলং সীমান্তৰ্ৱতী পানীমূৰাত সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ তিনি দুৰ্ধষ ডকাইতক মঙ্গলবাৰে চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্মই দাসৰ নেতৃত্বত চামগুৰি আৰক্ষীৰ এটা বিশেষ দলে ৰঙামাটিৰপৰা গ্ৰেপ্তাৰ কৰে ডকাইত কেইটাক।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতকেইটা ক্ৰমে ৰঙামাটিৰ কছাৰীবস্তিৰ ধৃত সাগৰ লোহাৰ, বিশ্বজিত তাঁতী আৰু বিকি গড়।আনহাতে, আৰক্ষীয়ে ডকাইতৰ দলটোৰপৰা তিনিটা হস্তনিৰ্মিত বন্দুক সহ লুট কৰা সা-সামগ্ৰী আৰু আংশিক ধনো জব্দ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে, শনিবাৰে নিশা ডকাইতৰ দলটোৱে পানীমুৰাত ডকাইতি কাণ্ড সংঘটিত কৰাৰ পাছতেই চামগুৰি আৰক্ষীৰ সৈতে মুখামুখি সংঘৰ্ষৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতেই ডকাইতৰ দলাটোৱে যুৱৰাজ ৱে'ৰ ঘৰৰপৰা লুটি অনা এল্ট গাড়ীখন এৰি পলায়ন কৰে।তাৰ পাছৰ পৰাই চামগুৰি আৰক্ষীয়ে বৃহত্তৰ নগাঁও-কাৰ্বিআংলং সীমান্তৰ্ৱতী অঞ্চলত তীব্ৰ অভিযান চলাই অৱশেষত ধৃত ডকাইত কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।কিন্তু এই পৰ্য্যন্ত এটাও ডকাইতক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই চামগুৰিৰ কঠালগুৰিত বৃহস্পতিবাৰে নিশা সংঘটিত আন এক চাঞ্চ্যলকৰ ডকাইতী কাণ্ডৰ সৈতে জড়িত ডকাইত কেইটাৰ
চামগুৰি আৰক্ষীৰ জালত তিনি দুৰ্ধষ ডকাইত
https://www.newsnextone.com/print/19515
383
ডিজিটেল ডেস্কঃ মাইকেল জেকচনৰ পিতৃ জোচেফ জেকচনৰ ২৭ জুনত মৃত্যু হয়৷ লছ ভেগাচৰ হান্সস্পিত ৮৯ বছৰ বয়সত জোচেফৰ মৃত্যু হয়৷ দীৰ্ঘদিন ধৰি জোচেফ কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিসা গ্ৰহণ কৰি আছিল যদিও মৃত্যুক আকোৱালি লয়৷ জোচেফৰ প্ৰাক্তন প্ৰৱক্তা ৰোনম ৱেনে কয় যে পুত্ৰ ৰেণ্ডী জেকচনে এই খবৰ নিশ্চিত কৰে৷ জোচেফ নিজ পুত্ৰক সৰুৰে পৰা সংগীতৰ সৈতে চিনাকী কৰি দিছিল৷ দুয়ো পুত্ৰক সৰুৰে পৰা সংগীতৰ প্ৰতি দুৰ্বলতা থকা কথাটো জোচেফে অনুভৱ কৰিব পাৰিছিল৷ সৰুৰে পৰা পুত্ৰক সংগীতৰ শিক্ষা দি সফলতাৰ উচ্চ শিখৰলৈ নিয়ে৷ এটা সময়ত একাংশ যুৱকে জোচেফৰ বিৰুদ্ধে মাৰধৰ কৰাৰো অভিযোগ উত্থাপন কৰিচিল৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
মাইকেল জেকচনৰ পিতৃ জোচেফ জেকচনৰ মৃত্যু
https://www.newsnextone.com/michael-jackson-father-josep-no-more/#comments
384
ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ ভয়ানক চেলফিখন লৈ অলপতে জেলৰ ভাত খোৱা ৰাছিয়ান মডেল ভিক্টৰিয়া অডিনকভাৰ কথা নিশ্চয় মনত আছে।দেশে-বিদেশে চেলফিৰ নামত এনেদৰে ভালেমান লোক মৃত্যুমুখত পৰাৰ বাতৰি প্ৰায়ে শুনিবলৈ পোৱা যায়।এনেই এক চেলফি-মৃত্যুৰ ঘটনা ঘটিছে পুণেত।চেলফি কেমেৰাৰ ফ্ৰেমত নাহিব বুলিয়ে লৰা-ঢপৰা কৰি নাৱৰ ভাৰসাম্য হেৰুৱাই মৃত্যুক সাবতি লয় ৪ জন চিকিৎসকে৷ উক্ত শোকাৱহ ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ পুণে জিলাত৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি ১০ জন চিকিৎসকে এখন নাৱত চেলফি উঠিব হেতা ওপৰা কৰে৷ ইয়াৰ ফলতে ভাৰাসাম্য হেৰুৱাই পানীত ডুবি ৪ জন চিকিৎসকৰ মৃত্যু ঘটে৷ বাকী ৬ জন চিকিৎসকে সাতুৰি প্ৰাণ ৰক্ষা কৰে৷ উল্লেখযোগ্য যে সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ছেলফিৰ ফলতে বহু লোক মৃত্যু মুখত পৰে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
চেলফি ল'ব গৈ উলটিল নাও
https://www.newsnextone.com/selfie-died-doctors-pune
385
বালিপৰাঃ সদৌ অসম ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ প্ৰায় শতাধিক প্ৰতিনিধি চাৰিদুৱাৰৰ অসম অৰুণাচল সীমান্তৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত শনিবাৰে সমৱেত হয়৷ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, সাংগঠনিক সম্পাদক প্ৰজ্ঞান ভূঞা আৰু অসম সেনাৰ জিলা সংগঠক ৰাজনিশ শইকীয়া উপস্থিত থাকি সন্থাৰ শৈক্ষিক, সাংগঠনিক দিশ সন্দৰ্ভত আলোচনা কৰে।সভাত শোণিতপুৰ জিলাৰ ৩টা মহকুমাত বনাঞ্চল ধ্বংস ৰোধ কৰা, নামেৰী ৰাষ্ট্ৰীয় উদ্যান ৰক্ষণা-বেক্ষণ দিয়া, জিলাখনৰ ভগ্নপ্ৰায় মথাউৰিসমূহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰাৰ দাবীত ধাৰাবাহিক আন্দোলন কৰাৰ কথা ঘোষণা কৰে।আনহাতে মাৰ্চ মাহৰ ভিতৰত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থা, মহকুমা ছাত্ৰ সন্থাৰ অধিৱেশন সম্পন্ন কৰি এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত শোণিতপুৰ আৰু বিশ্বনাথ জিলাত অধিৱেশন অনুষ্ঠিত কৰিবৰ বাবে বৈঠকত সিদ্ধান্ত কৰে।সভাখনত ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অংকুৰ দাস, সম্পাদক মানৱেন্দ্ৰ ডেকা, চাৰিদুৱাৰ শাখা ছাত্ৰ সন্থাৰ সম্পাদক জোতিষমান চক্ৰৱৰ্ত্তী, উপ-সভাপতি চিন্ময় চক্ৰৱৰ্ত্তী, মানস প্ৰতিম দাসে জিলা আৰু নেতৃত্বই চাৰিদুৱাৰলৈ আহি সমস্যাৰ বুজ লোৱাৰ বাবে কৃতজ্ঞতা জনায়।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
মথাউৰি নিৰ্মাণ-বন ধ্বংস ৰোধ কৰাৰ দাবীত শোণিতপুৰ আছুৰ আন্দোলন ঘোষণা
https://www.newsnextone.com/sonitpur-aasu-declare-programme
386
কাজিৰঙা, পলিমা চেতিয়া বসুমতাৰীঃ এক ব্যতিক্ৰমী পদক্ষেপ এজন কিশোৰৰ৷ এটকা এটকাকৈ সাঁচি ৰখা টকাৰে শিক্ষাৰ অৰ্থে প্ৰয়োজনীয় সামগ্ৰীৰে সাহাৰ্য্য প্ৰদান কৰিলে প্ৰলয়ংকৰী বানত সৰ্বস্ব হেৰুওৱা বহু ছাত্ৰ-ছাত্ৰীক৷ বিগত ভয়াৱহ বানত কাজিৰঙাৰ দাঁতিকাষৰীয়া বহু ছাত্ৰ-ছাত্ৰীৰ শিক্ষা লাভৰ বাবে প্ৰয়োজনীয় কিতাপ-বহী উটি গ'ল।সেই ছাত্ৰ-ছাত্ৰীসকলক অকনমান সহায় কৰিবৰ বাবে আগবাঢ়ি আহিল তিতাবৰ প্ৰাগজ্যোতিকা বিদ্যালয়ৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ৷ নাম ৰবি ৰজক৷ কাজিৰঙা নিবাসী তথা নিউজ লাইভ আৰু নিয়মীয়া বাৰ্তাৰ কাজিৰঙাৰ সাংবাদিক ৰঞ্জিৎ ৰজকৰ পুত্ৰ ৰবি ৰজকে বছৰটোৰ প্ৰথমটো প্ৰলংকাৰী বানত সৰ্বস্ব হেৰুওৱা কণ-কণ ছাত্ৰ-ছাত্ৰী সকলৰ দুখ-দুৰ্দশাৰ বিষয়ে উপলব্ধি কৰি নিজৰ সাঁচতীয়া ধনেৰে বহী, কলম, পেঞ্চিল, ৰবৰ, কাটাৰ আদিকে ধৰি শিক্ষাৰ বাবে প্ৰয়োজনীয় নানা সামগ্ৰী শ'লমৰা, ২ নং কঁহৰাৰ প্ৰায় ৫০ জনৰো অধিক বানাক্ৰান্ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত প্ৰদান কৰে।সাম্প্ৰতিক সময়ত সততে উত্থাপিত হোৱা যুৱ সমাজৰ নৈতিক অধ:পতনৰ লগতে মানৱীয় প্ৰমূল্যবোধ নথকাৰ অভিযোগৰ বিপৰীতে মানৱদৰদী ৰবি ৰজকৰ এনে ইতিবাচক পদক্ষেপক প্ৰশংসা কৰিছে স্থানীয় ৰাইজে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
বন্যাৰ্ত ছাত্ৰ-ছাত্ৰীৰ কাষত এজন ব্যতিক্ৰমী কিশোৰ
https://www.newsnextone.com/kaziranga-one-boy-help-flodd-relief-people/#comments
387
ৰঙিয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত উত্তৰ-পূৱ অঞ্চলৰপৰা এতিয়াও ক'লা ডাৱৰ আঁতৰ হোৱা নাই।সোমবাৰে ৰঙিয়া গড়কাপ্তানী বাংলাত সন্ধিয়াৰ ভাগত উপস্থিত হৈ আছুৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্ৰচাৰ্য্যই সংবাদ মাধ্যমৰ আগত এনেদৰে কয়।কাশ্মীৰত উগ্ৰপন্থীৰ আক্ৰমনত মৃত্যুক সাৱতি লোৱা তামুলপুৰৰ মনেশ্বৰ বসুমতাৰীৰ ঘৰত খবৰলৈ উভতি অহাৰ পথত ৰঙিয়াত ছাত্ৰ নেতা গৰাকীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত দিয়া বক্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া কৰি কয় যে বিজেপিৰ নাগৰিকত্ব সংশোধনী বিধায়কৰ সন্ধৰ্ভত লোৱা স্তিতি কোনো কাৰণতে বাস্তৱত ৰূপায়িত হ'ব নিদিও।আছুকে ধৰি অসমৰ ৭০ টাকৈ জাতীয় সংগঠনে যি ধৰণে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰি আছিল ঠিক তেনেদৰে পৰৱৰ্তি সময়টো আন্দোলন কৰি যাৱ।অসমৰ লগতে উত্তৰ-পূৱৰ জনসাধাৰণক উৎফুল্লিত নহ'বলৈ অনুৰোধ কৰি ছাত্ৰ নেতাগৰাকীয়ে কয় যে বিজেপিয়ে অসম চুক্তিখন শেষ কৰি অকল ভোটৰ লালসাত নাগৰিকত্ব সংশোধনী বিধেয়কখন সংশোধন কৰিব বিচাৰিছে।অসমৰ জনসাধাৰণৰ কথা হ'ল অসম চুক্তিমতে ১৯৭১ চনৰ পিছত অহা সি হিন্দুয়ে হ'ওক বা মুছলমানে হ'ওক অসমৰপৰা যাব লাগিব।এই ক্ষেত্ৰত আছুয়ে কোনোধৰণৰ আপোচ নকৰে বুলি স্পষ্ট কৰি দিয়ে ছাত্ৰ নেতা জনে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
উত্তৰ-পূবৰপৰা ক'লা ডাৱৰ আঁতৰা নাই বুলি ক'লে সমুজ্জ্বল ভট্টাচাৰ্যই
https://www.newsnextone.com/rangia-assu-samujaal-bhattacharya/#comments
388
কাজিৰঙাঃ ১৩ আগষ্ট দেওবাৰে কাজিৰঙাৰ হালধিবাৰীত হৈছিল অঘটনটো৷ কাজিৰঙাৰ বন্যাঞ্চলৰ পৰা ওলাই অহা এটা বন গাহৰিয়ে প্ৰান লৈছিল এগৰাকী মহিলাৰ৷ নানী আশা ওৰাং নামৰ মহিলা গৰাকীয়ে হালধিবাৰীৰ লৱংগ চক্ৰৱৰ্তীৰ ঘৰৰ পিছফালৰ চোতালত কাম কৰি থকা অৱস্থাত অতৰ্কিতে বন গাহৰিয়ে আক্ৰমণ চলায়৷ আত্মৰক্ষাৰ সুযোগ নাপাওতেই বন গাহৰিৰ ধাৰাল দাঁতে তচনচ কৰে মহিলাগৰাকীৰ শৰীৰ৷ দৰিদ্ৰ পৰিয়ালটো পোহপাল দিয়াৰ বাবে আশা ওৰাঙে লবংগ চক্ৰবৰ্তীৰ ঘৰত কাম কৰিছিল৷ মহিলাগৰাকীৰ মৃত্যুত পৰিয়ালটোৰ মাজলৈ অমানিশা নামি আহে৷ বন গাহৰিৰ আক্ৰমণত নিহত আশা ওৰাঙৰ পৰিয়ালৰ প্ৰতি সমবেদনা প্ৰকাশ কৰি ২৩ আগষ্ট বুধবাৰে ৰাজ্যৰ কৃষিমন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই আশা ওৰাঙৰ পৰিয়ালক এক লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়৷ বুধবাৰে কাজিৰঙাত এক সাহায্য প্ৰদান অনুষ্ঠানত অংশ লৈ কৃষিমন্ত্ৰীগৰাকীয়ে বান বিধ্বস্ত কৃষক সকলৰ বাবেও এক সুখবৰ আগবঢ়ায়৷ কৃষিমন্ত্ৰীগৰাকীয়ে জনায় যে বানাক্ৰান্ত খেতিয়কক সকাহ দিয়াৰ বাবে কৃষকৰ বেংকৰ একাউন্টত জমা কৰা হ'ব নগদ ধন৷ জিলা আৰু মহকুমাৰ চক্ৰবিষয়া সকলে বানত ক্ষয়-ক্ষতিৰ তদন্ত কৰি সাহায্যৰ ধন ধাৰ্য্য কৰাৰ পাছত সেই ধন কৃষকৰ একাউন্টত জমা কৰা হ'ব৷ কৃষিমন্ত্ৰীগৰাকীয়ে আন কেইবাখনো আঁচনিৰ জৰিয়তে বানাক্ৰান্ত সকলক সহায় কৰাৰ বিষয়ে বুধবাৰৰ সাহায্য প্ৰদান অনুষ্ঠানত ৰাইজক অৱগত কৰায়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
বনগাহৰিৰ আক্ৰমণত নিহতৰ পৰিয়াললৈ আৰ্থিক অনুদান
https://www.newsnextone.com/help-to-died-woman-family-kazironga/#comments
389
কোকৰাঝাৰঃ বিটিচিৰ চেণ্ট্ৰেল চিলেকচন বৰ্ডৰ অধ্যক্ষ, বিপিএফৰ পলিচি মেকিং সমিতিৰ জ্যেষ্ঠ সদস্য তথা বিএচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জয়ন্ত মহিলাৰীৰ (৬০) অকস্মাৎ মৃত্যুক আকোৱালি লোৱাত কোকৰাঝাৰৰ লগতে সমগ্ৰ বিটিএডি অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।কোকৰাঝাৰস্থিত টেঙাপাৰাৰ ৫ নং ওৱাৰ্ডৰ নিজ বাসভৱনত দিনৰ ১ বজাত উচ্চ ৰক্তচাপজনিত কাৰণত মৃত্যু হোৱা জয়ন্ত মহিলাৰীয়ে মৃত্যুৰ পূৰ্বে পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ যায়।মহিলাৰীৰ মৃত্যুৰ বাতৰি সদৰি হোৱাৰ পিছতে অসংখ্য লোকে টেঙাপাৰাৰ বাসভৱনত উপস্থিত হৈ তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে মৃতকক চেণ্ট্ৰেল চিলেকচন বৰ্ডৰ কাৰ্যালয় আৰু বিপিএফৰ কেন্দ্ৰীয় কাৰ্যালয়ত শেষ শ্ৰদ্ধা নিৱেদন কৰা হয়।বিটিচিৰ কাৰ্যবাহী সদস্য, বিপিএফৰ অজস্ৰ নেতা-কৰ্মীয়ে মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধা নিৱেদন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
বিটিচিৰ চেণ্ট্ৰে ল চিলেকচন বৰ্ডৰ অধ্যক্ষৰ মৃত্যু, বিটিচিত শোকৰ ছাঁ
https://www.newsnextone.com/jayanta-mohilary-no-more/#comments
390
িদুদ জামান 28 / 2019 আজি সমগ্ৰ দেশৰ লগতে কেন্দ্ৰীয় বিদ্যালয় নগাঁৱতো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসটি উদযাপন কৰা হয়।বিদ্যালয়খনত অনুষ্ঠিত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বিদ্যালয়খনৰ অধ্যক্ষ সঞ্জয় সৰকাৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে চি ভি ৰমনৰ "ৰমন ইফেক্ট" আবিস্কাৰৰ আঁৰৰ কাহিনীৰ ওপৰতো আলোকপাত কৰে।অনুষ্ঠানত বিদ্যালয়খনৰ উপাধ্যক্ষ ৰভিন্দ্ৰ কুমাৰ আৰু বিজ্ঞান বিভাগৰ বিষয় শিক্ষক (পি জি টি) চালু কাপুৰে বিজ্ঞান দিৱসৰ ওপৰত সংগতি ৰাখি ভাষণ প্ৰদান কৰে।আনহাতে, বিদ্যালয়ৰ বিজ্ঞান বিভাগৰ স্নাতক শিক্ষয়িত্ৰী পুষ্পা সৰকাৰৰ তত্বাৱধানত বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ দ্বাৰা "ভাৰ্মি কম্পস্তিং এণ্ড ইউজেছ অফ ডাষ্টবিন" শীৰ্ষক এখন ছুটি নাটকো প্ৰদৰ্শন কৰা হয়।আনহাতে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ কাৰ্যসূচীত বিজ্ঞান বিষয়ক এক কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।এই কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে বিদ্যালয়ৰ আন এগৰাকী পদাৰ্থ বিজ্ঞান বিভাগৰ পি জি টি নভজোৎ কৌৰে।তেওঁক সহযোগিতা আগবঢ়ায় ইংৰাজী বিষয়ৰ স্নাতক শিক্ষয়িত্ৰী দেৱাশ্ৰী মুখাৰ্জীয়ে
কেন্দ্ৰীয় বিদ্যালয় নগাঁৱত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদ্যাপন
https://www.newsasn.com/node/5349
391
ডিজিটেল ডেস্কঃ অৱশেষত লণ্ডনত আৰক্ষীৰ জালত পৰিল সূৰা সম্ৰাট বিজয় মালিয়া৷ বিজয় মালিয়াৰ গ্ৰেপ্তাৰৰ বাতৰি মঙলবাৰে দুৰদৰ্শনত প্ৰচাৰ হয়৷ তাৰ মাজতে দেশৰ আগশাৰীৰ ইংৰাজীৰ নিউজ চেনেল টাইমছ নাৱকে ধৰি কেবাটাও নিউজ চেনেলে এই বাতৰি প্ৰকাশ কৰে৷ ৰাষ্ট্ৰীয় নিউজ চেনেলৰ মতে, মালিয়া গ্ৰেপ্তাৰ হলেও জামিন লাভ কৰিবলৈ সক্ষম হয়৷ ৬০০০ কোটি টকা ঋণ লৈ দেশ এৰি লণ্ডনলৈ গুছি গৈছিল দেশৰ একালৰ প্ৰখ্যাত উদ্যোগপতিগৰাকীয়ে৷ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ লগতে দেশৰ কেবাটাও বেংকৰ পৰা কোটি কোটি টকা ঋণ লৈ পলায়ন কৰে সূৰা ব্যৱসায়ীগৰাকীয়ে৷ তাৰ মাজতে বিজয় মালিয়াই তেওৰ বিৰুদ্ধে ঋণৰ সুত নিদিয়া বুলি উত্থাপিত অভিযোগ ভিত্তীহিন বুলি কয়৷ মালিয়াৰ বিৰুদ্ধে চিবিআই আৰু ইডিয়ে চাৰ্জশ্বিট দাখিল নকৰাৰো অভিযোগ উঠে৷ একাধিক প্ৰতাৰণাৰ গোচৰ ৰুজু হৈ থকাৰ পিছতো ২০১৬ চনৰ মাৰ্চ মাহত দেশ এৰি ৰহস্যজনক ভাবে পলায়ণ কৰি ব্ৰিটেনত আশ্ৰয় লয় মালিয়াই৷ ব্ৰিটেনত যোৱাৰ কথা ৰাজহুৱা হোৱাৰ পিছতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে বিৰোধিয়ে বিজেপিক সমালোচনা কৰিছিল৷ স্মৰ্তব্য যে, ইডি আৰু চিবিআইয়ে গোচৰৰ তদন্তৰ ৰিপৰ্ট বৃটিছ চৰকাৰক জমা দিয়ে৷ ডিচেম্বৰ মাহত মালিয়াক দেশলৈ উভতাই অনাৰ ক্ষেত্ৰতো গোচৰ ৰুজু হোৱাৰ সম্ভৱনা আছে৷ আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, আয়াৰলেণ্ডত বিজয় মালিয়াৰ বিৰুদ্ধে আৰ্থিক প্ৰতাৰণা কৰাৰো অভিযোগ উত্থাপন হৈ আহিছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
কিছু সময় পিছতে জামিন লাভ লণ্ডন আৰক্ষীৰ জালত পৰা সূৰা সম্ৰাট মালিয়াৰ
https://www.newsnextone.com/malia-bail-london-bratain
392
যোৱা কেইদিনমান পূৰ্বৰে পৰা উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ পাছতে অক্টোবৰ মাহ আজিৰ পৰা আৰম্ভ হৈছে।চলিত মাহতেই পৰিবহন বিভাগৰ লগতে বেংকৰ কাম কাজতো কিছু সালসলনি ঘটোৱা হৈছে।পিচে, এই সকলোবেৰৰ মাজতে আপোনাৰ বাবে ডাঙৰ খবৰটো হৈছে অক্টোবৰ মাহত ১১ দিনৰ বাবে বেংকৰ কামকাজ বন্ধ থাকিব।মাহটোত দুৰ্গা পূজা, দশেৰা আৰু দীপাৱলীৰ দৰে উৎসৱ আছে।সেয়েহে নিজৰ বিত্তীয় ব্যৱস্থাৰ পৰিকল্পনা আপুনি এতিয়াই কৰি ল'ব লাগিব যাতে উৎসৱৰ সময়ত কোনো অসুবিধাৰ সৃষ্টি নহয়।অহা ২ অক্টোবৰ বুধবাৰে গান্ধী জয়ন্তী উপলক্ষে বেংক বন্ধ থাকিব।এইটো মাহটোৰ প্ৰথমটো বন্ধ।ইয়াৰ পাছতে ৭ আৰু ৮ অক্টোবৰ ৰাম নৱমী তথা বিজয়া দশমী বা দশেৰাৰ বন্ধ থাকিব।ইয়াৰ পূৰ্বে ৬ অক্টোবৰ দেওবাৰ হোৱাৰ বাবে বেংক একেৰাহে ৩ দিনৰ বাবে বন্ধ থাকিব।ইয়াৰ পাছতে ৩ দিনৰ বাবে বেংক খোলাৰ পাছত ১২ অক্টোবৰ মাহটোৰ দ্বিতীয়টো শনিবাৰ আৰু ১৩ অক্টোবৰ দেওবাৰ হোৱাৰ বাবে সপ্তাহটোত দুদিন বেংক বন্ধ থাকিব।সেইদৰে ২০ অক্টোবৰো দেওবাৰ হোৱাৰ বাবে বেংক বন্ধ থাকিব।দীপাৱলীত বেংক ৪ দিনৰ বাবে বন্ধ থাকিব।ইয়াৰ ভিতৰত ২৬ অক্টোবৰ মাহটোৰ চতুৰ্থটো শনিবাৰ আৰু ২৭ অক্টোবৰ দেওবাৰ হোৱা বাবে বেংক বন্ধ থাকিব।দীপাৱলী এইবাৰ দেওবাৰেই পৰিছে।আনহাতে, ২৯ অক্টোবৰত ভাতৃ দ্বিতীয়া আৰু ২৮ অক্টোবৰত গোবৰ্দ্ধন পূজাৰ বন্ধ থাকিব।ইপিনে, অহা নৱেম্বৰ মাহৰ ৩,১০,১৭ আৰু ২৪ নৱেম্বৰ দেওবাৰ আৰু ৯ আৰু ২৩ অক্টোবৰ মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ হোৱা বাবে বেংক বন্ধ থাকিব।২৪ নৱেম্বৰত গুৰু নানক জয়ন্তীৰ বাবে বেংকসমূহ বন্ধ থাকিব
সাজু থাকক; এই মাহত ১১ দিন বন্ধ থাকিব বেংক, নৱেম্বৰতো বন্ধ থাকিব ৭ দিন
https://assam.nenow.in/bank-will-closed-for-11-days-in-this-october-and-7-days-in-november/
393
গৌৰীসাগৰঃ আজি শিক্ষক দিৱস, স্বাধীন ভাৰতৰ প্রথমগৰাকী আৰ্দশ উপৰাষ্ট্রপতি হিচাপে দ্বায়িত্ব ভাৰ গ্রহণ কৰা সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিৱস ভাৰতত প্রতি বছৰে শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে৷ আজি সমগ্র দেশৰ লগতে শিৱসাগৰ জিলাৰো সকলো বিদ্যালয়তে অতি উৎসাহ উদ্দীপনাৰে শিক্ষক দিৱস পালন কৰা হয়৷ আজি শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন বিদ্যালয়ত আয়োজন কৰা হয় সাংস্কৃতিক অনুষ্ঠানৰ লগতে আকস্মিক বক্তৃতা আৰু চিত্রাংকণ প্রতিযোগিতাৰ৷ শিক্ষাৰ জ্ঞানৰ বন্তিৰে উজ্বলোৱা মহান পথ প্রদৰ্শক তথা শিক্ষক সকলক ছাত্র ছাত্রী সকলে সোৱা জনোৱাৰ পিছত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত সকলো ৰাইজৰ পূৰ্ণ সহযোগিতাত দিখৌমুখৰ শংকৰ জ্যোতি বিষ্ণু জাতীয় বিদ্যালয়ত এক উখল মাখল পৰিবেশৰ সৃষ্টি হয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
শিৱসাগৰত শিক্ষক দিৱস পালন
https://www.newsnextone.com/teacher-day-sivsagar/#comments
394
মৰিগাঁওঃ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জিলা প্ৰশাসনে ল'বলগীয়া ব্যৱস্থাৰ সন্দৰ্ভত বৃহস্পতিবাৰে মৰিগাঁও নগৰৰ পাঁচ ঠাইত ম'ক ড্ৰিল প্ৰদৰ্শন কৰা হয়।ভাৰত চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত আৰু মৰিগাঁও জিলা প্ৰশাসন তথা দুৰ্যোগ প্ৰাধিকৰণৰ সহযোগত অগ্নিনিৰ্বাপক বিভাগৰ স্কোৱাড কমাণ্ডেন্ট আবু আলীৰ তত্বাৱধানত এন ডি আৰ এফ, এছ ডি আৰ এফৰ লগতে বিভিন্ন চৰকাৰী-বেচৰকাৰী সংগঠনৰ অংশগ্ৰহণৰে আকস্মিকভাৱে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ'লে, বিশেষকৈ ভূমিকম্পৰ জোকাৰণিৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিত ল'ব লগা সাৱধানতাৰ বিষয়ে ম'ক ড্ৰিল তথা আখৰা প্ৰদৰ্শন কৰা হয়।বৃহস্পতিবাৰে মৰিগাঁৱত অনুষ্ঠিত হোৱা ম'ক ড্ৰিল কাৰ্যসূচীত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ দুৰ্যোগ প্ৰাধিকৰণৰ ক্ষেত্র বিষয়া জোগান আংগুৰ গোস্বাৰ আৰু বেৰু দুলন।আজি এই মেগা ম'ক ড্ৰিল কাৰ্যসূচী সুকলমে সম্পাদন কৰাত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে অংশগ্ৰহণকাৰীৰ লগতে বিভিন্ন বিভাগৰ কৰ্মচাৰীসকললৈ জিলা উপায়ুক্ত ঋতুৰাজ বৰাই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ ম'ক ড্ৰিল
https://www.newsnextone.com/marigaon-mork-drill
395
জনমভূমি দিল্লীৰ বিধানসভা নির্বাচনৰ প্রচাৰ অভিযান তুংগত উঠিছে৷ আজি অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৰাজধানী চহৰখনত ভোটাৰৰ ঘৰে ঘৰে নির্বাচনী প্রচাৰ চলায়৷ পূব দিল্লীৰ ৰোহটাছ নগৰৰ বিজেপি প্রার্থী জিতেন্দ্র মহাজনৰ হৈ সোণোৱালে পুৱাৰ ভাগত প্রচাৰ চলোৱাৰ উপৰি বিয়লি দিল্লী নিৱাসী উত্তৰ পূর্বাঞ্চলৰ লোকসকলৰ উপস্থিতিত আয়োজিত এখন নির্বাচনী সভাতো অংশ গ্রহণ কৰে৷ ৰোহটাছ নগৰত প্রায় তিনি কিল'মিটাৰ পদযাত্রা কৰি নির্বাচনী প্রচাৰ চলোৱা সোণোৱালে কয় যে, দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে দিল্লীবাসীক চৰমভাৱে প্রতাৰণা কৰিছে৷ আনহাতে দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিলে ৰাজধানী চহৰখনত এটা নামঘৰ আৰু শ্রীমন্ত শংকৰদেৱৰ নামত এটা পথ নামকৰণ কৰা হ'ব বুলি প্রতিশ্রুতি দি মুখ্যমন্ত্রীজনে সকলো লোককে বিজেপিক ভোটদান কৰিবৰ বাবে আহবান জনায়৷ ইফালে বিয়লি দিল্লী নিৱাসী উত্তৰ পূর্বাঞ্চলৰ লোকসকলৰ উপস্থিতিত ছুনহাৰী বাগত অনুষ্ঠিত এক নির্বাচনী সভাত মুখ্যমন্ত্রী সোণোৱালৰ উপৰি অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাণ্ডু, কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী আৰু কিৰেন ৰিজিজুও উপস্থিত আছিল৷ এই নির্বাচনী সভাৰ পাছত নিশা মুখ্যমন্ত্রী সোণোৱালে দিল্লীস্থিত অসমীয়া লোকসকলৰ অনুষ্ঠান অসম এছ'চিয়েশ্যনৰ সদস্যসকলৰ সৈতেও এক অন্তৰংগ আলাপত মিলিত হয়৷ দক্ষিণ দিল্লীৰ শংকৰদেৱ ভৱনত অনুষ্ঠিত এই অন্তৰংগ আলাপত মুখ্যমন্ত্রী সোণোৱালে দিল্লীবাসী অসমীয়াসকলে সন্মুখীন হৈ অহা সমস্যাসমূহৰ সন্দর্ভতো আলাপ-আলোচনা কৰে৷
দিল্লীবাসীক কেজৰিৱালৰ চৰম প্রতাৰণা
https://janambhumi.in/VGtSQk5VNVVhejA9/en/VGtSQk5VNVVhejA9/%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%80%E0%A6%95-%E0%A6%95%E0%A7%87%E0%A6%9C%E0%A7%B0%E0%A6%BF%E0%A7%B1%E0%A6%BE%E0%A6%B2%E0%A7%B0-%E0%A6%9A%E0%A7%B0%E0%A6%AE-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A6%A3%E0%A6%BE.html.html
396
দেওবাৰে ডিব্ৰুগড়ত নাগৰিকত্ব সংশোধন বিৰোধী মঞ্চৰ আহ্বান মৰ্মে এক গণ অভিৱৰ্তন অনুষ্ঠিত হয়।এই গণ অভিৱৰ্তনতে বিজেপি দল আৰু চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ১৭২/১৬ উত্থাপন কৰি হিন্দু-বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰাৰ যি ভয়ানক চক্ৰান্ত চলাইছে তাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি উল্লেখ কৰাৰ লগতে বিতৰ্কিত বিধেয়কখন বাতিলৰো দাবী জনায়।অভিৱৰ্তনখনে আন এক প্ৰস্তাৱযোগে বিজেপি আৰ এছ এছে অসম অসমীয়া জাতীয়তাবাদ নিঃশেষ কৰাৰ যি গভীৰ ষড়যন্ত্ৰ কৰিছে তাক যিকোনো অৱস্থাতে প্ৰতিহত কৰা হ'ব বুলি সংকল্প লয়।মৰাণ মহাবিদ্যালয়ৰ অধ্যাপক মনোৰঞ্জন শৰ্মা, জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওগ আৰু সোণোৱাল কছাৰী গণমঞ্চৰ সভাপতি দীপক শইকীয়াৰ যৌথ সভাপতিত্বত অনুষ্ঠিত অভিৱৰ্তনত নিৰ্দিষ্ট বক্তা হিচাপে অজিত কুমাৰ ভূঞাই অংশ গ্ৰহণ কৰে।ভূঞাই তেওঁৰ ভাষণত কয় যে, 'উক্ত বিধেয়কখন আইনত আইনত পৰিণত হ'লে অসমত অসমীয়াৰ অস্তিত্ব নাইকিয়া হ'ব।সংখ্যালঘুত পৰিণত হ'ব অসমীয়া জাতি।জাতিৰ এই সংকটপূৰ্ণ সময়ত জাতিটোক নিঃশেষ কৰিবলৈ বিজেপিয়ে চলোৱা এই কুটিল চক্ৰান্তৰ ওচৰত আমি আত্মসমৰ্পণ কৰিম নে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিম সেই সিদ্ধান্ত লোৱাৰ সময় সমাগত।' সাংবাদিক গৰাকীয়ে লগতে লগতে কয় যে সংবিধানত ধৰ্মৰ নামত নাগৰিকত্ব প্ৰদান কৰাৰ কোনো বিধান নাই।এয়া সম্পূৰ্ণ অসাংবিধানিক।সাহিত্যিক নগেন শইকীয়াই অভিৱৰ্তনত উপস্থিত নথকাত তেওঁ প্ৰেৰণ কৰা লিখিত ভাষণ পাঠ কৰা হয়।ভাষণত কোৱা হয় যে, 'উক্ত বিধেয়ক উত্থাপনেৰে বিজেপি চৰকাৰে দেশৰ ধৰ্মনিৰপেক্ষ নীতিৰ বিৰুদ্ধে স্থিতি লৈছে।অসমীয়া মানুহ কোনো ধৰ্মবিদ্বেষী নহয়, অসমীয়া মানুহে প্ৰতিৰোধ কৰিব খোজে যিকোনো বিদ্বেষৰ পৰা ঘটিব পৰা হিংসাত্মক ঘটনাহে।' লগতে তেওঁ কয় যে নাগৰিকত্ব আইন সংশোধনৰ দ্বাৰা অসম চুক্তিকে মূল্যহীন কৰা নহ'ব, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নয়নৰ কামকো মূল্যহীন আৰু অৰ্থহীন কৰি তোলা হ'ব।৩৫ টা দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থকা অভিৱৰ্তনত কেইবাজনো বিশিষ্ট নেতই এই সন্দৰ্ভত নিজৰ মন্তব্য আগবঢ়াই।আভিৱৰ্তনৰ প্ৰাৰম্ভতে শ্যামল দত্ত, শৈলেন গোহাঁয়ে গণ সংগীত পৰিৱেশন কৰাৰ লগতে জয়ন্তজিৎ দাসে বৈপ্লৱিক কবিতা আবৃত্তি কৰে।অভিৱৰ্তনৰ বিষয়বস্তু উত্থাপন কৰে আহ্বায়ক উত্তম কুমাৰ চেতিয়াই
ডিব্ৰুগড়ত নাগৰিকত্ব সংশোধন বিৰোধী মঞ্চৰ গণ অভিৱৰ্তন
https://assam.nenow.in/%e0%a6%a1%e0%a6%bf%e0%a6%ac%e0%a7%8d%e0%a7%b0%e0%a7%81%e0%a6%97%e0%a7%9c%e0%a6%a4-%e0%a6%a8%e0%a6%be%e0%a6%97%e0%a7%b0%e0%a6%bf%e0%a6%95%e0%a6%a4%e0%a7%8d%e0%a6%ac-%e0%a6%b8%e0%a6%82%e0%a6%b6%e0%a7%8b/
397
শিৱসাগৰঃ শিৱসাগৰ জিলাৰ দিছিয়ালত একেটা পৰিয়ালৰ ৫ সদস্যৰ সলিল সমাধি ঘটা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷ জানিব পৰা মতে, হৰেন বৰা, পত্নী ফুনো বৰা আৰু দুই জিয়াৰী আৰু শাহুৰ সৈতে এখন চুইফট ডিজায়াৰ বাহনেৰে ৰঘুবাৰীত থকা আত্মীয়ৰ ঘৰলৈ গৈ থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই দিখৌ নৈৰ মথাউৰিৰ পৰা বাগৰি দিখৌ নৈত পৰে৷ ফলত বাহনখনত থকা পৰিয়ালৰ ৫ সদস্যই কৰুণ মৃত্যুক সাৱটি লয়৷ আনফালে ঘটনা সংঘটিত হোৱাৰ পিছত এনডিআৰএফ বাহিনীয়ে দিখৌ নৈৰ বুকুৰ পৰা পৰিয়ালৰ সদস্যকেইজনক উদ্ধাৰ অভিযানত নামি পৰিছে৷ জানিব পৰা মতে, দিখৌমুখ ন-কাটনিৰ নিৱাসী পৰিয়ালটো কৰ্মসূত্ৰে গুৱাহাটীত থাকে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
শিৱসাগৰৰ দিখৌমুখ দিছিয়ালত অঘটন, একেটা পৰিয়ালৰ ৫ সদস্যৰ সলিল সমাধি
https://www.newsnextone.com/sivsagor-family-died/#comments
398
চ হোৱাৰ পথত গেৰুৱা দল বিজেপিৰ উত্তৰ-পূব দখলৰ স্বপ্ন! গুৱাহাটী , 19, 2019 9:41 2 তচনচ হোৱাৰ পথত গেৰুৱা দল বিজেপিৰ উত্তৰ-পূব দখলৰ স্বপ্ন।মঙলবাৰে সন্ধিয়া বিজেপি এৰি নেশ্যনেল পীপলছ পাৰ্টিত সমূহীয়াভাৱে যোগদান কৰিলে অৰুণাচল প্ৰদেশৰ দুজন মন্ত্ৰী আৰু ১২জনকৈ বিধায়কে।একেলগে এন পি পিত যোগ দিছে কালি টিকট নাপাই অসন্তুষ্ট হৈ দলটো ত্যাগ কৰা বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক জাৰপুম গামলিনে।ইটানগৰত আজি সন্ধিয়া এন পি পিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক থমাছ চাংমাৰ উপস্থিতিত দলটোত যোগ দিয়ে ৰাজ্যখনৰ জাৰপাম গামলিন আৰু মন্ত্ৰী-বিধায়ককেইজনে।এওঁলোকৰ ভিতৰত আছে ৰাজ্যখনৰ গৃহ মন্ত্ৰী কুমাৰ ৱাই আৰু পৰ্য্যটন মন্ত্ৰী জাৰকাৰ গামলিন।এই প্ৰতিবেদকৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত কালি গেৰুৱা দলটো ত্যাগ কৰা জাৰপাম গামলিনে এই কথা প্ৰকাশ কৰিছে।১৪জনকৈ মন্ত্ৰী-বিধায়কে দলত্যাগ কৰাৰ পিছত ৬০জনীয়া বিধানসভাত বিজেপিৰ শক্তি থাকিলগৈ (৪৮-১৪) ৩৪জন।১৮জন বিধায়কেৰে এন পি পি হ'লগৈ দ্বিতীয় বৃহৎ দল।কংগ্ৰেছৰ ৬জন আৰু নিৰ্দলীয়ৰ আছে ২জন বিধায়ক।ৰাজ্যখনৰ আগন্তুক বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত এইদৰে বৃহৎ সংখ্যক বিজেপি নেতা তথা মন্ত্ৰী-বিধায়কে দলত্যাগ কৰাটো বিজেপিৰ বাবে মোক্ষম আঘাত বুলি বিবেচিত হৈছে।উল্লেখযোগ্য যে কালি নিশাই জাৰপুম গামলিনৰ লগত বিজেপিৰ এটা ৭জনীয়া মন্ত্ৰী-বিধায়কৰ দল আহি গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত বাহৰ পাতিছিল।নিশাই হোটেলখনত আহি উপস্থিত হৈছিল মেঘালয়ৰ মুখ্য মন্ত্ৰী তথা এন পি পিৰ মুৰব্বী কনৰাড চাংমা।চাংমাৰ সৈতে হোটেল তাজ ভিভাণ্টাত দলটোৰ কেইবাঘণ্টাজোৰা এক বৈঠকো অনুষ্ঠিত হৈছিল।কালিয়েই এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নৰ্থ-ইষ্ট নাওত এই বাতৰি প্ৰকাশ পাইছিল।কালি নিশাৰ বৈঠকৰ পাছত আজি জাৰপুম গামলিন আৰু মন্ত্ৰী-বিধায়কৰ দলটো ইটানগৰলৈ উভতি যায়।পাছত তাত উপস্থিত হোৱা এন পি পিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক থমাচ চাংমাৰ উপস্থিতিত আজি এই বৃহৎ সংখ্যক বিজেপি মন্ত্ৰী-বিধায়কে এন পি পিত যোগ দিয়ে
নিৰ্বাচনৰ আগমুহূৰ্তত অৰুণাচলত জৰজৰকৈ খহিছে বিজেপিৰ দুৰ্গ; ১৪জন মন্ত্ৰী-বিধায়কৰ দলত্যাগ
https://assam.nenow.in/arunachal-bjp-faces-a-setback-as-14-ministers-mlas-join-npp-today/
399
শদিয়াঃ অৱশেষত অসমবাসীয়ে বাঞ্ছা নকৰা ৰক্তাক্ত পৰিৱেশেই সষ্টি হ'ল অসমত।নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কুটিল ৰাজনীতি চলি থকাৰ মাজতে তিনিচুকীয়া জিলাৰ ধলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা।শদিয়া আৰক্ষী জিলাৰ অন্তৰ্গত ধলাৰ কেঁচাইখাতী থানাৰ সমীপৰ খেৰবাৰীত অচিনাক্ত দুৰ্বৃত্তই ৫ জন লোকক গুলীয়াই নিহত কৰে।শদিয়াৰ আৰক্ষী অধিক্ষক প্ৰশান্ত সাগৰ চাংমাই এই ঘটনাৰ সত্যতা স্বীকাৰ কৰিছে।স্থানীয় লোকে প্ৰকাশ কৰা মতে সেনাৰ পোছাকত অহা দুৰ্বৃত্তৰ দলটোৱে ভাষিক সংখ্যালঘু অধ্যুষিত খেৰবাৰীত প্ৰৱেশ কৰি কেইবাজনো লোকক শাৰী পাতিবলৈ নিৰ্দেশ দি জধে-মধে গুলীয়াবলৈ আৰম্ভ কৰে।এই অতৰ্কিত আক্ৰমণত অঞ্চলটোৰ ৫জন স্থানীয় লোক থিতাতে নিহত হয়।গুলীচালনাত নিহতকেইজনক ক্ৰমে শ্যামল বিশ্বাস, সুবল দাস, অনন্ত বিশ্বাস, অবিনাশ বিশ্বাস আৰু ধনঞ্জয় নমঃশুদ্ৰ বুলি জানিব পৰা গৈছে।ঘটনাটোত আহত হৈছে আন কেইবাজনো লোক।স্থানীয় লোকসকলে সেনাৰ পোছাকত অহা দুৰ্বৃত্তৰ দলটো আলফা স্বাধীনৰ বুলি সন্দেহ প্ৰকাশ কৰিছে।ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে সেনা-আৰক্ষীৰ এটা বৃহৎ দল।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনাৰ খবৰ পোৱা মাত্ৰকে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালাক উক্ত স্থানলৈ যাবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে।মন্ত্ৰী কেশৱ মহন্ত আৰু তপন গগৈকো ঘটনাস্থলীলৈ যোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
শদিয়াত ৫ জনক গুলীয়াই হত্যা, আলফা (স্বা)ক সন্দেহ
https://www.newsnextone.com/sadia-dead1/#comments
400
চাবুৱাঃ দুৰ্গা পূজাৰ উলহ-মালহৰ মাজতেই শুকুৰবাৰে নিশা চাবুৱাত মাতাল চালকে তীব্ৰবেগে আহি স্কুটিত খুন্দা মৰাৰ ফলত উত্তেজনাৰ সৃষ্টি হয়৷ ট্ৰাকৰ চালকে মদৰ ৰাগীত মাতাল হৈ তীব্ৰবেগেৰে ৰখাই থোৱা স্কুটিত খুন্দা মাৰে৷ চাবুৱাৰ বিজয় ফাৰ্মাচিৰ সন্মুখত স্কুটি খন পথৰ দাতিত ৰখাই থোৱা আছিল৷ ট্ৰাকৰ খুন্দাত স্কুটীখনৰ বিদ্ধস্ত হৈ পৰে৷ স্কুটিত খুন্দা মাৰি ট্ৰাকৰ চালক পলায়ণ কৰে।চাবুৱা নগৰৰ মাজমজিয়াত এনে এটা ঘটনা সংঘটিত হোৱাত ৰাইজে ক্ষোভিত হৈ ট্ৰাকত আক্ৰমম কৰে৷ স্থানীয় আৰক্ষী উপস্থিত হৈ পৰিস্থিত নিয়ন্ত্ৰণ কৰি গাড়ীখন দুখন থানালৈ লৈ যায়।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে
চাবুৱা নগৰত মাতাল চালকৰ তাণ্ডৱ
https://www.newsnextone.com/truck-hit-scooty-chabua/#comments