id
stringlengths
4
5
url
stringlengths
34
558
title
stringlengths
2
62
text
stringlengths
3.52k
77k
32430
https://as.wikipedia.org/wiki/%E0%A6%9C%E0%A6%BE%E0%A6%95%E0%A6%BF%E0%A7%B0%20%E0%A6%B9%E0%A7%81%E0%A6%9B%E0%A7%87%E0%A6%87%E0%A6%A8%20%28%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%80%E0%A6%A4%E0%A6%BF%E0%A6%AC%E0%A6%BF%E0%A6%A6%29
জাকিৰ হুছেইন (ৰাজনীতিবিদ)
জাকিৰ হুছেইন ১৯৯৭-১৯৬৯) এজন শিক্ষাব্ৰতী পণ্ডিত, ৰাজনীতিবিদ, দাৰ্শনিক, গান্ধীবাদী পুৰুষ তথা ভাৰত গণৰাজ্যৰ তৃতীয় ৰাষ্ট্ৰপতি আছিল। ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰথম নাগৰিকৰ সন্মান পোৱা মুছলমান সম্প্ৰদায়ৰ ভিতৰত তেওঁ প্ৰথম আছিল। ইয়াৰ আগতে তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ তেওঁ ভাৰতৰ উপৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল। জাকিৰ হুছেইনৰ নিঃস্বাৰ্থ দেশসেৱা আৰু বিশাল প্ৰতিভাৰ স্বীকৃতি স্বৰূপে ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক পদ্মবিভূষণ উপাধি প্ৰদান কৰি সন্মনিত কৰিছিল আৰু ১৯৬৩ চনত ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰে। জন্ম আৰু পৰিয়াল জাকিৰ হুছেইনৰ ১৮৯৭ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে দাক্ষিণাত্যৰ হায়দৰাবাদত এটি আফগান পৰিয়ালত জন্ম হয়। তেওঁৰ পূৰ্বপুৰুষ উত্তৰ প্ৰদেশৰ ফৰুৰখাবাদ জিলাৰ কায়মগঞ্জৰ আছিল। তেওঁৰ পিতাক এগৰাকী আইনজীৱী আছিল আৰু তেওঁ আইন-ই-দোকান সম্পৰ্কীয় আলোচনী এখনৰ সম্পাদক আছিল। মাত্ৰ ৯ বছৰ বয়সত হুছেইনৰ পিতাক ঢুকাইছিল। পিতাকৰ মৃত্যুৰ পিছত, তেওঁলোকৰ পৰিয়াল উত্তৰ প্ৰদেশৰ ইটোৱা নামৰ এডোখৰ ঠাইলৈ উঠি আহে আৰু তাতে তেওঁ আন তিনিজন ভায়েকৰ সৈতে স্কুলত ভৰ্তি হয়। শিক্ষা জীৱন হুছেইনৰ প্ৰাৰম্ভিক শিক্ষা ফৰুৰখাবাদ জিলাৰ ইটোৱাৰ ইছলামীয়া হাইস্কুলৰ পৰাই লাভ কৰে। তেওঁৰ এজন গৃহ শিক্ষকে তেওঁৰ পঢ়াশুনাত সাহায় কৰিছিল,যথা সময়ত হাইস্কুলীয়া শিক্ষা শেষ কৰি, ১৯১৩ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ত ভৰ্তি হয়। উক্ত বিশ্ববিদ্যালয়ত থাকোঁতে জাকিৰে এজন জনপ্ৰিয় ছাত্ৰনেতা হিচাপে পৰিচয় দিছিল। সেইসময়তে তেওঁৰ প্ৰতিবা অনুসন্ধিত্সু মন, বাগ্মিতা, কৌতুক আৰু যুক্তিপূৰ্ণ কথা-বতৰাই লগৰীয়াসকলক মুগ্ধ কৰিছিল আৰু তেওঁলোকে তেওঁক আখ্যা দিছিল মুৰশ্বিদ (গুৰু বা পথ প্ৰদৰ্শক) বুলি। সৰুৰে পৰাই তেওঁ বাতৰি কাকত পঢ়া এটা অভ্যাসত পৰিণত কৰিছিল আৰু বাতৰি কাকতৰ তাত্পৰ্য আৰু ভূমিকা সম্পৰ্কে লগৰ বন্ধু-বান্ধৱৰ আগত ব্যাখ্যা কৰিছিল। মাত্ৰ ১৬ বছৰ বয়সতে, ইটালী আৰু তুৰ্কীস্থানৰ মাজত হোৱা যুদ্ধত তুৰ্কীস্থানক তেওঁৰ সামান্য শক্তিৰে হলেও সহায় কৰিবলৈ আগবাঢ়িছিল। সকলো ছাত্ৰৰ পৰা পইছা তুলি আৰু প্ৰতি শুক্ৰবাৰে নামাজলৈ গৈ নামাজৰ শেষত তেওঁৰ মূৰৰ টুপীটো সোলোকাই তুৰ্কী সাহায্যৰ অৰ্থে বৰঙনি তুলিছিল। তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰাই এম-এ ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত উচ্চ শিক্ষাৰ বাবে তেওঁ ইউৰোপলৈ যায় আৰু জাৰ্মানীৰ বাৰ্লিন বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে। তেওঁ ১৯২২ চনৰ পৰা ১৯২৬ চলৈ জাৰ্মানীত কটায় আৰু এদিন তাৰপৰাই সাহিত্য আৰু দৰ্শন বিষয়ত অধ্যয়ন কৰি ডি. ফিল. উপাধি লাভ কৰিবলৈ সমৰ্থ হয়। তেওঁ বিদেশত কটোৱা দিবোৰত পশ্চিমৰ জীৱন যাত্ৰাৰ ঢলত নিজকে উটুৱাই নিদি--অধ্যয়নতহে বেছিভাগ সময় মগ্ন আছিল। আজৰি সময়ত প্ৰিণ্টিং আৰু কম্পজিঙৰ কামত নিজক ব্যস্ত ৰাখিছিল আৰু গালিবৰ এটা সংস্কৰণ প্ৰকাশ কৰিছিল। কলিকতা, দিল্লী, আলিগড়, এলাহাবাদ, কাইৰো আদি বিশ্ববিদ্যালয়ে তেওঁক ডি-লিট উপাধিৰে সন্মনিত কৰিছিল। কৰ্মজীৱন ৰাজনীতিত সক্ৰিয় অংশ গ্ৰহণ কৰাৰ পৰিবৰ্তে তেওঁ দেশ সেৱাত মনোনিবেশ কৰিলে। সেইসময়ত দুটা কাম হাতত লৈছিল, মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাৰ প্ৰসাৰ কৰা আৰু আনটো হল দিল্লীত এখন আদৰ্শ বিশ্ববিদ্যালয় জামিয়া-মিলিয়া প্ৰতিষ্ঠা কৰাৰ উদ্যোগ। ১৯৩৭ চনত গান্ধীজীয়ে বিদেশী স্কুলত শিক্ষা বিসৰ্জন দি দেশৰ সন্মুখত বুনিয়াদী শিাৰ জাতীয় আদৰ্শ দাঙি ধৰে তেতিয়াই গান্ধীজীয়ে হুছেইনক বুনিয়াদী শিঙাৰ জাতীয় কমিটীৰ সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনায় আৰু তেওঁ তাৰ সভাপতি নিযুক্ত হয়। হুছেইনেই আছিল বুনিয়াদী শিক্ষাৰ বিতং কাৰ্যসূচী প্ৰস্তুত কৰোঁতা আৰু প্ৰতিষ্ঠাতা। হেকিম আজমল খাঁ আৰু ভাতৃদ্বয় মঃ আলি চৌকত আলিৰে সৈতে লগহৈ দিল্লীত তেওঁ জামিয়া-মিলিয়া প্ৰতিষ্ঠা কৰি ১৯২৬ চনৰ পৰা ১৯৪৮ চনলৈ তাৰ উপাচাৰ্য হিচাপে কাৰ্যনিবাৰ্হ কৰিছিল। পিছত তেওঁ আচাৰ্যও নিযুক্ত হৈছিল। জামিয়া-মিলিয়া তেওঁৰ জীৱনৰ এক উল্লেখযোগ্য অৱদান আছিল। ইয়াৰ জৰিয়তে ছাত্ৰ সমাজক স্বাৱলম্বিতা আৰু জাতীয়তাবাদৰ শিক্ষাৰে অনুপ্ৰানিত কৰিবলৈ চেষ্টা কৰা হৈছিল। ইয়াৰো উপৰি এই অনুষ্ঠানটিৰ স্বাৰ্থত শিক্ষক সকলে সম্পূৰ্ণ ২০ বছৰ পৰ্য্যন্ত মাহে ৮০ টকা দৰমহাত কাম কৰিছিল। ১৯৪৬ চনত এই শিক্ষানুষ্ঠানটিৰ ৰূপালী জয়ন্তী উত্সৱত পণ্ডিত জৱাহৰলাল নেহৰু, জিন্ন, কৃপালনি, লিয়াকত আলি খান আৰু ৰাজাজী প্ৰমুখ্যে নেতৃবৰ্গই যোগদান কৰি জাকিৰ হুছেইনে অনুষ্ঠাটিলৈ আগবঢ়াই অহা নেতৃত্বক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰে। ১৯৪৮ চনত তেওঁ মৌলানা আব্দুল কালাম আজাদৰ অনুৰোধ ক্ৰমে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মনোনীত হয়। একেৰাহে ১৯৫৬ চনলৈকে তেওঁ উক্ত পদত অধিষ্ঠিত আছিল। ১৯৪৮ চনত জাকিৰ হুছেইনক জৱাহৰলাল নেহৰুৱে ৰাজ্যসভাৰ সদস্যৰূপে মনোনীত কৰে। ৰাজ্যসভাৰ সদস্য হিচাপে তেওঁ ১৯৫৭ চনলৈকে কাম কৰিছিল। এই সময়ছোৱাতে তেওঁ শিক্ষা সম্বন্ধীয় কমিটী, আয়োগ, সন্মিলন আদিৰ লগত তেওঁ ঘনিষ্ঠাভাৱে জড়িত আছিল। তেওঁ কেইবাবাৰো ৰাষ্ট্ৰীয় ছাত্ৰ সেৱা ভাৰত কমিটীৰ চেয়াৰমেন থকাৰ উপৰিও ১৯৫৫ চনৰপৰা ১৯৫৭ চনলৈকে জেনেভাত আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰো চেয়াৰমেন ৰূপে নিযুক্ত হৈছিল। ১৯৫৬ চনৰ পৰা ১৯৫৭ চনৰ সময়ছোৱাত তেওঁ ইউনেস্কোৰ কাৰ্য নিৰ্বাহক সদস্য নিয়োজিত হয়। ১৯৫৭ চনৰ পৰা তেওঁ বিহাৰৰ ৰাজ্যপাল পদতো অধিষ্ঠিত হৈছিল। তেওঁ পাঁচ বছৰ কাল অতি কাৰ্যদক্ষতাৰে ৰাজ্যপাল হিচাপে সেৱা আগবঢ়াই বিহাৰৰ ৰাইজৰ প্ৰশংসাৰ পাত্ৰ হয়। এজন সংখ্যালঘু সম্প্ৰদায়ৰ লোকক ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত কৰাত বিশ্ববাসী আচৰিত হৈছিল। জাকিৰ হুছেইনৰ ১৯৬৯ চনৰ ৩ মে'ৰ দিনা শনিবাৰে ১১:২০ বজাত মৃত্যু ঘটে। উৰ্দু ভাষালৈ ভাঙনি গ্ৰন্থৰাজী কেপিটেলিজম এডুকেচনেল ৰিকনষ্ট্ৰীকচন ইন ইণ্ডিয়া দি ডাইনেমিক ইউনিভাৰচিটী ৰিপাব্লিক ফেডাৰিখ লিষ্টব নেচনেল চিষ্টেম অব ইক'নমিক্স এলিমেণ্টছ অৱ ইক'নমিক্স আব্বুখান কী বক্ৰি চৰ্দাৰ বল্লভ ভাই পেটেল পুৰস্কাৰ প্ৰাপ্ত বঁটা ভাৰত ৰত্ন (১৯৬৩) পদ্মবিভূষণ (১৯৫৪) তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ভাৰতৰ ব্যক্তি মৃত ব্যক্তি ভাৰতীয় ৰাজনীতিবিদ ভাৰতৰ ৰাষ্ট্ৰপতি ভাৰতৰ উপৰাষ্ট্ৰপতি পদ্মবিভূষণ বঁটা বিজয়ী ভাৰত ৰত্ন বঁটা
49512
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%BE%E0%A6%97%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%A4%E0%A7%8D%E0%A6%AC%20%28%E0%A6%B8%E0%A6%82%E0%A6%B6%E0%A7%8B%E0%A6%A7%E0%A6%A8%E0%A7%80%29%20%E0%A6%86%E0%A6%87%E0%A6%A8%2C%20%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%AF
নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯
নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ চমুকৈ কা পূৰ্বতে কেব হৈছে ভাৰতৰ সংসদৰ দ্বাৰা ২০১৯ চনৰ ১১ ডিচেম্বৰত গৃহীত এখন আইন। এই আইনখন নাগৰিকত্ব আইন, ১৯৫৫-ৰ সংশোধিত ৰূপ আৰু ইয়াৰ দ্বাৰা ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ নিৰ্যাতিত আৰু ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগলৈকে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা হিন্দু, বৌদ্ধ, শিখ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মীয় সংখ্যালঘু লোকসকলক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হ'ব। ইছলাম ধৰ্মৰ লোকসকলক ইয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাই। এই আইনখনত প্ৰথমবাৰৰ বাবে ধৰ্মক ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ ক্ষেত্ৰত এক প্ৰমুখ মানদণ্ড হিচাপে ব্যৱহাৰ কৰা হৈছে। হিন্দুবাদী শাসক দল ভাৰতীয় জনতা পাৰ্টি (বিজেপি)-এ নিৰ্বাচনী ইস্তাহাৰত সংকল্প কৰিছিল যে ই ভাৰতৰ চুবুৰীয়া দেশৰ নিৰ্যাতিত ধৰ্মীয় সংখ্যালঘু লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব। ২০১৯ চনৰ সংশোধৰ দ্বাৰা, ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগলৈকে ভাৰতত অবৈধ অনুপ্ৰৱেশকাৰীসকল, যিসকলে তেওঁলোকৰ নিজৰ দেশত "ধৰ্মীয় নিৰ্যাতন ভোগ কৰিছে বা ধৰ্মীয় নিৰ্যাতন ভোগ কৰাৰ ভয় আছে", ভাৰতীয় নাগৰিকত্বৰ বাবে যোগ্যতা লাভ কৰিব। তদুপৰি এই আইনখনে ভাৰতত নাগৰিকত্ব পাবলৈ থাকিবলগীয়া ন্যূনতম সময় ১১ বছৰৰ পৰা ৫ বছৰলৈ হ্ৰাস কৰিছে। ভাৰতৰ ইণ্টেলিজেন্স ব্যুৰৰ তথ্য অনুসৰি, এই বিলখনৰ প্ৰথমতেই সুবিধা লাভ কৰিব ৩১,৩১৩ জন শৰণাৰ্থীয়ে: ইয়াৰে ২৫,৪৪৭ জন হিন্দু, ৫,৮০৭ শিখ, ৫৫ জন খ্ৰীষ্টান, ২ জন বৌদ্ধ আৰু ২ জন পাৰ্চী ধৰ্মৰ লোক। এই আইনখন বিপুলভাৱে সমালোচনাৰ সন্মুখীন হৈছে, আৰু কোৱা হৈছে যে আইনখনে প্ৰধানতঃ ইছলাম ধৰ্মৰ লোকসকলক বাদ দি ধৰ্মৰ নামত বৈষম্য কৰিছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে আইনখন "মৌলিকভাবে বৈষম্যমূলক" বুলিছে আৰু কৈছে যে "ভাৰতে নিৰ্যাতিত লোকসকলক সুৰক্ষা দিব বিচৰা প্ৰচেষ্টাটো আদৰণীয়", পিছে ইয়াক কোনো ধৰণৰ বৈষম্য নকৰাকৈ "বলিষ্ঠ ৰাষ্ট্ৰীয় ৰাজনৈতিক আশ্ৰয় ব্যৱস্থা"ৰ দ্বাৰা ৰূপায়ণ কৰা উচিত। সমালোচকসকলে কৈছে যে এই আইনখন আৰু নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জী দুয়োটা মিলি বহুতো ইছলাম ধৰ্মীয় লোকক ৰাষ্ট্ৰবিহীন কৰি পেলাব কিয়নো তেওঁলোকে সম্ভৱতঃ জন্ম আৰু পৰিচয়ৰ বাবে প্ৰয়োজনীয় কঠোৰ প্ৰমাণ জমা দিব নোৱাৰিব। তিব্বত, শ্ৰীলংকা আৰু ম্যানমাৰত ধৰ্মীয় নিৰ্যাতন ভোগলোকসকলক এই আইনখনত অন্তৰ্ভুক্ত নকৰাক লৈয়ো সমালোচকসকলে প্ৰশ্ন তুলিছে। ভাৰত চৰকাৰৰ অনুসৰি যিহেতু পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ গৰিষ্ঠসংখ্যক লোক ইছলাম ধৰ্মী, সেয়ে সেইবোৰ দেশত ইছলাম ধৰ্মীয় লোকসকলে "ধৰ্মীয় নিৰ্যাতন ভোগাৰ সম্ভাৱনা কম"। কিন্তু, তথ্য অনুসৰি কেতবোৰ ইছলাম ধৰ্মীয় গোট, যেনে হাজাৰা আৰু আহমদিসকলে সেইবোৰ দেশত ধৰ্মীয় নিৰ্যাতন ভোগ কৰিছে। এই আইনখন গৃহীত হোৱাৰ ফলত ভাৰতত দেশজুৰি বহৎ সংখ্যক প্ৰতিবাদ সাব্যস্ত হৈছে। আইনত পৰিণত হোৱাৰ পূৰ্বেই অসমৰ লগতে উত্তৰ-পূব ভাৰতৰ কেউখন ৰাজ্যতে বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল। বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছতো উত্তৰ-পূব ভাৰতৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। উত্তৰ-পূব ভাৰতৰ প্ৰতিবাদকাৰীসকলৰ অনুসৰি বিদেশী শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিলে স্থানীয় খিলঞ্জীয়া লোকসকলে তেওঁলোকৰ "ৰাজনৈতিক অধিকাৰ, সংস্কৃতি আৰু ভূমিৰ অধিকাৰ" হেৰুৱাই পেলোৱাৰ লগতে বাংলাদেশৰ পৰা অধিক অবৈধ অনুপ্ৰৱেশক উদগণি যোগাব। ভাৰতৰ আনৰ প্ৰান্তত প্ৰতিবাদৰ মূল কাৰণ ইছলাম ধৰ্মী শৰণাৰ্থীসকলৰ বিৰুদ্ধে কৰা বৈষম্যতা। ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ত আইনখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আলিগড় মুছলিম বিশ্ববিদ্যালয় আৰু জামিয়া মিলিয়া ইছলামিয়াৰ ছাত্ৰসকলৰ প্ৰতিবাদক আৰক্ষীয়ে নিৰ্মম আৰু বলপূৰ্বকভাবে দমন কৰাৰ অভিযোগো উঠিছে। এনে প্ৰতিবাদসমূহৰ ফলত কেইবাজন প্ৰতিবাদকাৰীৰ মৃত্যু হোৱাৰ লগতে প্ৰতিবাদকাৰী আৰু আৰক্ষী আহত হৈছে, ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষয়-ক্ষতি হৈছে, হেজাৰজন মানুহক আটক কৰা হৈছে, আৰু লগতে বহুতো অঞ্চলত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। ভাৰতৰ কেইবাখনো ৰাজ্যৰ চৰকাৰে জনাইছে যে তেওঁলোকে নিজৰ ৰাজ্যত এই আইনখন বলৱৎ নকৰে। পিছে ভাৰতৰ গৃহমন্ত্ৰীয়ে প্ৰকাশ কৰিছে যে ৰাজ্যসমূহৰ এই আইনখন ৰোধ কৰাৰ ন্যায়িক অধিকাৰ নাই। ১০ জানুৱাৰী ২০২০-ৰ পৰা এই আইনখন কাৰ্যকৰী হয়। মূল কথা ভাৰতীয় নাগৰিকত্ব আইন, ১৯৫৫ অনুসৰি ভাৰতীয় নাগৰিকত্ব বিচাৰ কৰা হয়। এজন ব্যক্তিয়ে জন্মসূত্ৰে বা পিতৃ-মাতৃ ভাৰতীয় হ'লে ভাৰতীয় নাগৰিকত্ব লাভ কৰে। অবৈধ অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্ব দিয়া নহয়। অবৈধ অনুপ্ৰৱেশকাৰী হ'ল সেইসকল যিয়ে বৈধ নথিপত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰিছে বা নথিপত্ৰত থকা সময় উকলি যোৱাৰ পিছতো ভাৰতত আছে। অবৈধ অনুপ্ৰৱেশকাৰীক বিদেশী আইন, ১৯৪৬ আৰু পাছপৰ্ট আইন, ১৯২০-ৰ জৰিয়তে ভাৰতৰ পৰা বাহিৰ কৰি পঠোৱা হয়। এই দুখন আইনে বিদেশীৰ ভাৰতত প্ৰৱেশ, বসতি আৰু প্ৰস্থান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰত চৰকাৰক ক্ষমতা প্ৰদান কৰে। কিন্তু উক্ত সংশোধনী বিধেয়কে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগলৈকে চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা হিন্দু, বৌদ্ধ, শিখ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টানসকলক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰিব। মানে তেওঁলোকৰ ক্ষেত্ৰত উপৰোক্ত আইন দুখন প্ৰযোজ্য নহব। ইছলাম ধৰ্মৰ লোকসকলক ইয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাই। তদুপৰি এই বিধেয়ক অনুসৰি ভাৰতত নাগৰিকত্ব পাবলৈ থাকিবলগীয়া ন্যূনতম সময় ১১ বছৰৰ পৰা ৫ বছৰলৈ হ্ৰাস কৰিছে। ২০১৯ত এই আইনখন গৃহীত হোৱাৰ সময়ত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ জনজাতীয় অঞ্চলসমূহৰ লগতে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা থকা ৰাজ্যসমূহ এই আইনৰ আওঁতাৰ পৰা আতৰত ৰখা হয়। প্ৰেক্ষাপট ভাৰতীয় জনতা পাৰ্টিয়ে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়তেই চুবুৰীয়া ৰাষ্ট্ৰত নিৰ্যাতিত হিন্দুসকলক ভাৰতীয় নাগৰিকত্ব দিয়াৰ কথা ঘোষণা কৰিছিল। সেই ঘোষণাক বাস্তৱত পৰিণত কৰিবলৈ বিধেয়কখন ২০১৬ চনৰ ১৯ জুলাইত লোকসভাত প্ৰথমবাৰৰ বাবে উত্থাপন কৰা হয়। তাৰ পিছত সেই বছৰৰে ১১ আগষ্টত যুটীয়া সংসদীয় সমিতি গঠন কৰি বিধেয়কখনৰ বিষয়ে প্ৰতিবেদন দাখিল কৰিবলৈ দায়িত্ব অৰ্পণ কৰা হয়। কমিটিয়ে ২০১৯ চনৰ ৭ জানুৱাৰীত নিজৰ প্ৰতিবেদন দাখিল কৰিছিল। ৮ জানুৱাৰী ২০১৯-ত বিধেয়কখন লোকসভাত গৃহীত হৈছিল যদিও ৰাজ্যসভাত ইয়াৰ ওপৰত আলোচনা হোৱা নাছিল। ১৬তম লোকসভা ভংগ হোৱাৰ লগে লগেই বিধেয়কখনো কালাতীত হৈছিল। সপ্তদশ লোকসভাৰ গঠনৰ পাছত ২০১৯ চনৰ ৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন পুনৰায় আনিছিল। ১০ ডিচেম্বৰত লোকসভাত এই বিধেয়ক গৃহীত হয় ৩১১-৮০ৰ ভোটেৰে। ২০১৯ চনৰ ১১ ডিচেম্বৰত বিধেয়কখন ৰাজ্যসভাতো গৃহীত হয়, ১২৫-১০৫ ভোটেৰে। ডিচেম্বৰৰ ১২ তাৰিখে ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ হস্তাক্ষৰৰ পাছত বিধেয়কখন আইনত পৰিণত হয়। যুটীয়া সংসদীয় সমিতি ৰাজেন্দ্ৰ আগৰৱালে সভাপতিত্ব কৰা সমিতিখনত মুঠতে ৩০ জন সদস্য আছিল। তাৰে লোকসভাৰ সদস্য আছিল ২০ জন আৰু ৰাজ্যসভাৰ ১০ জন। সভাপতিৰ বাহিৰেও ১৪ জন সদস্য বিজেপিৰ পৰা আছিল। বাকীসকল সদস্যৰ ভিতৰত কংগ্ৰেছৰ ৪ জন, টিএমচি আৰু বিজেডিৰ ২ জনকৈ আৰু শিৱসেনা, টি.আৰ.এচ, টি.ডি.পি, এ.আই.এ.ডি.এম.কে, এচ.পি আৰু বি.এচ.পিৰ এজনকৈ সদস্য আছিল। সমিতিৰ ১৬ জনকৈ সদস্যৰ এটা দলে ২০১৮ চনৰ ৭ মে'ৰ পৰা ১০ মে'লৈ অসম আৰু মেঘালয় ভ্ৰমণ কৰে। লগতে ৭ মে'ৰ দিনা খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত ৰাজহুৱা শুনানি অনুষ্ঠিত কৰি বিভিন্ন দল-সংগঠনৰ মতামত গ্ৰহণ কৰে। যুটীয়া সংসদীয় সমিতিয়ে ৭ জানুৱাৰী ২০১৭ত বিধেয়কখন অনুমোদন জনাই লোকসভাত প্ৰতিবেদন দাখিল কৰে। প্ৰথম উত্থাপন, জানুৱাৰী ২০১৯ লোকসভাত গৃহীত (জানুৱাৰী ২০১৯) ৮ জানুৱাৰী ২০১৯ৰ দুপৰীয়া ২:১০ বজাত সেইসময়ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে বিধেয়কখন লোকসভাত উত্থাপন কৰে। ইয়াৰ পিছত শাসক আৰু বিৰোধীৰ মাজত তুমুল তৰ্ক-বিতৰ্ক হয়। তাৰ পিছতেই বিৰোধী দলৰ সাংসদসকলে সদন ত্যাগ কৰাৰ সুযোগতেই শাসক দল বিজেপি আৰু মিত্ৰদলসমূহৰ সমৰ্থনত বিধেয়কখন গৃহীত হয়। ৰাজ্যসভা (জানুৱাৰী ২০১৯) ২০১৯ চনৰ ১১ ফেব্ৰুৱাৰীত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰাজ্যসভাত উপস্থাপন কৰাৰ পৰিকল্পনা কৰা হয় আৰু সেই সময়তেই সমগ্ৰ উত্তৰ পুবত প্ৰতিবাদৰ জোঁৱাৰ উঠে। ইম্ফলত ১২ ফেব্ৰুৱাৰীত পৰৱৰ্তী আদেশ নোপোৱালৈ ১৪৪ ধাৰা লগোৱা হয়। মিজোৰামত 'ক'লা দিৱস' পালন কৰি বিলখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হয়। ১০ ফেব্ৰুৱাৰীৰ দিনা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বিধেয়কখন গৃহীত হ'লে তেওঁৰ দলে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিব বুলি ভাবুকি দিয়ে। ১১ ফেব্ৰুৱাৰীৰ দিনাখন উত্তৰ পূবৰ গোটেইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে গৃহমন্ত্ৰী ৰাজনাথ সিং বিধেয়কখনৰ প্ৰসংগত আলোচনাত মিলিত হোৱাৰ কথা আছিল যদিও সেই সভাখন বাতিল কৰা হয়। কিন্তু চৰকাৰে বিধেয়কখন ৰাজ্যসভাত উপস্থাপন নকৰিলে আৰু ১৩ ফেব্ৰুৱাৰীৰ দিনা ৰাজ্যসভাৰ অধিৱেশনৰ সমাপ্তি ঘোষণা কৰা হয়। যাৰ ফলত বিধেয়কখন আইনত পৰিৱৰ্ত্তিত হোৱাৰ আশা সাময়িকভাৱে স্থগিত হৈ পৰে। দ্বিতীয় উত্থাপন, ডিচেম্বৰ ২০১৯ লোকসভাত গৃহীত (ডিচেম্বৰ ২০১৯) সপ্তদশ লোকসভাৰ গঠনৰ পাছত ২০১৯ চনৰ ৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন আনিছিল। ১০ ডিচেম্বৰত লোকসভাত এই বিধেয়ক গৃহীত হয় ৩১১-৮০ৰ ভোটেৰে। ৰাজ্যসভাত গৃহীত (ডিচেম্বৰ ২০১৯) ডিচেম্বৰৰ ১১ তাৰিখে বিধেয়কখন ৰাজ্যসভাতো গৃহীত হয়। ১২৫ ভোট সপক্ষে আৰু ১০৫ ভোট বিপক্ষে পৰিল। ভাৰতীয় জনতা পাৰ্টি আৰু জে ডি (ইউ), এ অই এ ডি এম কে, বিজু জনতা দল, টি ডি পি আদিৰ দৰে মিত্ৰদলে এই বিধেয়কৰ পক্ষত ভোটদান কৰিছিলে। আইনত পৰিণত ২০১৯ চনৰ ডিচেম্বৰৰ ১২ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ হস্তাক্ষৰৰ পাছতেই বিধেয়কখন আইনত পৰিণত হয়। আইনখন বলৱৎ হ'ব চৰকাৰে ধাৰ্য্য কৰা তিথিৰপৰা। আইনখনৰ বিৰুদ্ধে ভাৰতৰ উচ্চতম ন্যায়ালয়ত ৬০খন আবেদন দাখিল কৰা হৈছিল। প্ৰথম শুনানিত উচ্চতম ন্যায়ালয়ে আইনখনৰ সন্দৰ্ভত স্থগিতাদেশ দিয়াত অমান্তি হ'ল আৰু ২২ জানুৱাৰী ২০২০ পৰৱৰ্তী শুনানিৰ তাৰিখ ধাৰ্য্য কৰিলে। প্ৰতিক্ৰিয়া বিধেয়কখন লোকসভাত প্ৰথমবাৰৰ বাবে উত্থাপন হোৱাৰ পৰাই বিতৰ্ক অব্যাহত আছে। আইনখন গৃহীত হোৱাৰ পাছৰে পৰা ইয়াৰ বিপক্ষে বিভিন্ন ধৰণৰ প্ৰতিবাদ আৰু সমালোচনা সৰৱ হৈ উঠিছে। আইনখন বিৰোধিতা কৰাৰ কাৰণ অঞ্চলভেদে ভিন্ন। অসম আৰু উত্তৰ-পূব ভাৰতৰ প্ৰতিবাদকাৰীসকলৰ যিকোনো ধৰ্মৰে অনুপ্ৰৱেশকাৰী আৰু শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব দিয়াৰ বিৰোধিতা কৰিছে। তেওঁলোকৰ অনুসৰি নাগৰিকত্ব দিব বিচৰা যিকোনো আইনেই "নাগৰিকত্বৰ সম্ভাৱনাত বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশক আৰু অধিক উৎসাহিত কৰিব। প্ৰতিবাদকাৰীসকলে কৈছে যে দশকযোৰা অনুপ্ৰৱেশকাৰীৰ ফলত ইতিমধ্যেই থলুৱা লোকসকলে "ৰাজনৈতিক অধিকাৰ আৰু সংস্কৃতি হেৰুৱাইছে" আৰু লগতে ভূমিৰ অধিকাৰো হেৰুৱাইছে। ইয়াৰোপৰি তেওঁলোকৰ অনুসৰি আইনখনে অসম চুক্তিৰ উলংঘা কৰিছে। ১৯৮৫ চনত স্বাক্ষৰিত অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা সকলো অনুপ্ৰৱেশকাৰী অবৈধ হিচাপে পৰিগণিত হব। কিন্তু সংশোধনী বিধেয়কখনে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ অহা অমুছলমানসকলক নাগৰিকত্ব দিব। যিটো অসম চুক্তিৰ পৰিপন্থী হ'ব। আইনখন গৃহীত হোৱাৰ পাছত অসমক ইয়াৰ আওঁতাৰ বাহিৰত ৰাখিব বাবে আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰা হৈছে। অন্যহাতে ভাৰতৰ আন প্ৰান্তত হোৱা বিতৰ্ক প্ৰধান কাৰণ হৈছে আইনখনৰ দ্বাৰা ভাৰতৰ সংবিধানৰ ১৪ নম্বৰ অনুচ্ছেদৰ উলংঘা। ১৪ নং অনুচ্ছেদে সমতাৰ অধিকাৰ প্ৰদান কৰে। কিন্তু বিধেয়কখনে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দি বৈষম্য আনিব। ৰাজনৈতিক আৰু ছাত্ৰ কৰ্মীসকলে আইনখনৰ সমালোচনত কৈছে যে ই "মুছলমানসকলক একাষৰীয়া কৰে, আৰু মুছলমানসকলৰ বিৰুদ্ধে কুসংস্কাৰমূলক", তেওঁলোক বিচাৰে যে আন ধৰ্মালম্বী লোকসকলৰ দৰে মুছলমান অনুপ্ৰৱেশকাৰী আৰু শৰণাৰ্থীসকলোকো ধৰ্মনিৰপেক্ষ ভিত্তিত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰে। অসমত প্ৰতিবাদ আৰম্ভণিৰ পৰাই বিধেয়কখনৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ অসমত বিভিন্নধৰণে প্ৰতিবাদ হৈ আহিছে। ৭ জানুৱাৰী ২০১৯ত অসমত বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদে বিজেপিৰ সৈতে থকা মিত্ৰতা ভংগ কৰে। ৭ জানুৱাৰীৰ দিনাখনেই ১৩ জন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই দিল্লীত নগ্ন হৈ অভূতপূৰ্ব প্ৰতিবাদ সাব্যস্ত কৰে। ৮ জানুৱাৰীৰ দিনা উত্তৰ পূব ছাত্ৰ সংগঠনৰ সহযোগত গোটেই উত্তৰ পূৰ্বাঞ্চলত ১১ ঘণ্টীয়া বন্ধ পালন কৰা হয়। সংগীতজ্ঞ জুবিন গাৰ্গৰ নেতৃত্বত ১৭ জানুৱাৰী শিল্পী দিৱসৰ দিনা "শিল্পীৰ সংকল্প" নামৰ অনুষ্ঠান পাতি বহুকেইজন শিল্পীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে। জুবিন গাৰ্গে বিধেয়কখনৰ বিৰোধিতাৰে "পলিটিক্স নকৰিবা বন্ধু" নামৰ গীত এটা ৰচনা কৰে। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অনিৰ্দিষ্টকালীন শ্ৰেণীবৰ্জন কাৰ্যসূচী গ্ৰহণ কৰে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ আগে আগে প্ৰকাশ পোৱা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত বিজেপি পুনৰ ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহীত কৰিব বুলি ঘোষণা কৰা হয়। বিধেয়কখনৰ প্ৰতিবাদত বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰা অসম গণ পৰিষদে লোকসভা নিৰ্বাচনৰ আগে আগে বিজেপিৰ সৈতে পুনৰ মিত্ৰতা কৰে। ২০১৯ চনৰ শেষৰপিনে আইনখন গৃহীত হোৱাৰ আগৰ পৰা অসমত তীব্ৰ প্ৰতিবাদ আৰম্ভ হয়। অসমৰ কেবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সাধাৰণ ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ অংশগ্ৰহণে এই আন্দোলন তীব্ৰ কৰি তোলে। প্ৰতিবাদকাৰীসকলে গণ সমদল, জোঁৰ সমদল, অনশন, বিক্ষোভ আদিৰ লগতে প্ৰতিবাদী গীত, কবিতা আদি বিভিন্ন পন্থাৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৯খন দ্বিতীয় বাবৰ বাবে লোকসভাৰ মজিয়াত উত্থাপনৰ কিছুদিন পূৰ্বে ইয়াৰ বিৰোধিতা কৰি অসমত প্ৰতিবাদ আৰম্ভ কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। ২৯ নৱেম্বৰত তেওঁলোকে বিশ্ববিদ্যালয়ৰ চৌহদত মৌন প্ৰতিবাদ সাব্যস্ত কৰে। ৪ ডিচেম্বৰত বিধেয়কখন কেন্দ্ৰীয় কেবিনেটৰ মঞ্জুৰী লাভ কৰাৰ পাছতে গুৱাহাটীৰ লগতে অসমৰ আন অঞ্চলত প্ৰতিবাদৰ সূচনা হয়, যি অঞ্চলভেদে হিংসাত্মকৰূপো লয়। আইনখনে ২০১৪ চনটোক অবৈধ বিদেশীৰ চিনাক্তকৰণৰ সময়সীমা ধাৰ্য কৰিছে কিন্তু অসমৰ প্ৰতিবাদকাৰীসকলৰ অনুসৰি ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ অসমে অবৈধ অনুপ্ৰৱেশকাৰীৰ বোজা অকলেই বহন কৰি আছিছে, যিটো ভাৰতৰ আন ৰাজ্যবোৰে কৰা নাই। প্ৰতিবাদকাৰীসকলে এই আইনখনৰ যোগেদি সহস্ৰ বঙালী ভাষী অনা-মুছলমান অবৈধ অনুপ্ৰৱেশকাৰীক সাংবিধানিক পদ্ধতিৰে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব কৰিব বিছৰাতোকলৈ ক্ষোভ প্ৰকাশ কৰে, যাৰ ফলত অসমৰ ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিৱেশ পৰিবৰ্তন ঘটাৰ সম্ভাৱনা আছে। সদৌ অসম ছাত্ৰ সন্থা (আছু)-ৰ সহস্ৰাধিক সদস্য আৰু কৰ্মীৰ লগতে অসমৰ আন ৩০টা থলুৱা সংগঠন, শিল্পী, কলা-কুশলী, সাংস্কৃতিক কৰ্মী আদিয়ে গুৱাহাটিৰ লতাশিল খেলপথাৰত জমা হৈ ১৬, ১৭ আৰু ১৮ ডিচেম্বৰত আইনখনৰ বিৰুদ্ধে সত্যাগ্ৰহ কাৰ্যসূচী অনুষ্ঠিত কৰে। পাছত গুৱাহাটীত ১৮ ডিচেম্বৰৰ এক প্ৰতিবাদী সমদলৰ সময়ত অসম আৰক্ষীয়ে আছুৰ সাধাৰণ সম্পাদক, উপদেষ্টাৰ লগতে প্ৰায় ২,০০০ জনতকৈ অধিক লোকক আটক কৰে। ১২ ডিচেম্বৰত চিআৰপিএফ-ৰ জোৱান আৰু আন সুৰক্ষা কৰ্মীয়ে লাঠী আৰু ঢালৰ সৈতে সশস্ত্ৰে প্ৰাগ নিউজ নামৰ ব্যক্তিগত টেলিভিছন ছেনেলৰ কাৰ্যালয়ত বিনা অনুমতিৰে প্ৰৱেশ কৰি ছেনেলটোৰ কৰ্মীসকলক আইনখনৰ বিৰোধে প্ৰতিবাদ কৰি থকাৰ সময়ত লাঠীৰে প্ৰহাৰ কৰে। ২০ ডিচেম্বৰত অসমীয়া বাতৰিকাকতসমূহে প্ৰতিবাদৰ সময়ত ৰাজ্যজুৰি ঘটা হিংসাত্মক ঘটনাৰ প্ৰতিবেদন দিয়াৰ লগতে আৰক্ষীৰ দ্বাৰা কৰা অত্যধিক বলপ্ৰয়োগ কৰাৰ কথাও প্ৰকাশ পায়। ডিব্ৰুগড়ত আছুৰ সদস্যই অসম গণ পৰিষদ (অগপ)-ৰ কাৰ্যালয় নষ্ট কৰে, কিয়নো অগপৰ সাংসদে আইনখনৰ সপক্ষে ভোট প্ৰদান কৰিছিল। চৰকাৰে প্ৰতিৰোধমূলক ব্যৱস্থাৰূপে ১২ ডিচেম্বৰত যোৰহাটৰ পৰা কৃষক নেতা অখিল গগৈক আটক কৰে যাতে তেওঁ কোনো প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিব নোৱাৰে। গুৱাহাটীত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)-ৰ এক বিশেষ ন্যায়ালয়ে তেওঁৰ ওপৰত "মাওবাদীৰ লগত থকা সংযোগ"ৰ বাবে ৰাজদ্ৰোহৰ অভিযোগ আৰোপ কৰে আৰু ১০ দিনৰ বাবে এনআইএৰ জিম্মালৈ প্ৰেৰণ কৰে। অসমৰ চৰকাৰৰ সংগঠন অসম মানৱ অধিকাৰ আয়োগে অখিল গগৈৰ ওপৰত কৰা উৎপীড়নৰ অভিযোগক বিচাৰ কৰিবৰ সিদ্ধান্ত লয়। অসম চৰকাৰৰ অনুসৰি অসম আৰক্ষীয়ে আটক কৰা লোকসকল নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ লগত জড়িত হোৱাৰ অভিযুক্ত। দিছপুৰত সহস্ৰাতিক প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ প্ৰতিবন্ধকতা ৰোধ কৰি অসম সচিবালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। ১৫ ডিচেম্বৰত অসমৰ শিল্পীসকলে গুৱাহাটীৰ অসম অভিযান্ত্ৰীক প্ৰতিষ্ঠান খেলপথাৰত আইনখনৰ বিৰুদ্ধে "অসমৰ শিল্পী সমাজৰ শৈল্পিক প্ৰতিবাদ" নামৰ এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে। এই প্ৰতিবাদী অনুষ্ঠানত জুবিন গাৰ্গ, বৰষা ৰাণী বিষয়া আদিকে ধৰি বহুতো নবীন-প্ৰবীন শিল্পীয়ে অংশগ্ৰহণ কৰে। সংগীত, পাইণ্টিং আদিৰ দ্বাৰা প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। অসম চৰকাৰে ৰাজ্যখনৰ কেতবোৰ জিলাত ইণ্টাৰনেট সেৱাৰ বন্ধ কৰা হৈছিল। অসম আৰু ত্ৰিপুৰাত কাৰ্ফিউ বা সান্ধ্য আইন জাৰি কৰা হৈছিল, কিন্তু প্ৰতিবাদকাৰীসকলে সান্ধ্য আইন নমানৰ বাবে ভাৰতীয় সেনাক নিয়োজন কৰা হৈছিল। ৰেলসেৱা আৰু বিমানসেৱা বাতিল কৰা হৈছিল। চৰকাৰী প্ৰতিবেদনৰ অনুসৰি গুৱাহাটিত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত কমেও চাৰিজন লোক নিহত হৈছিল। ১২ ডিচেম্বৰত দীপাঞ্জল দাস আৰু চেম ষ্টেফৰ্ড আৰক্ষীৰ গুলীত নিহত হয়। ইয়াৰে চেম ষ্টেফৰ্ড এজন হাইস্কুলৰ ছাত্ৰ আৰু দীপাঞ্জল দাস গুৱাহাটী সৈনিক ভৱনৰ এজন অস্থায়ী কৰ্মচাৰী আছিল। ১৫ ডিচেম্বৰত গৌহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধিকাৰীয়ে জনায় যে ঈশ্বৰ নায়কৰ ১৪ ডিচেম্বৰৰ নিশা আৰু আব্দুল মালিকৰ মৃত্যু হয় ১৫ ডিচেম্বৰৰ পুৱা। দুয়োজনকে গুলীৰ আঘাতৰ ফলত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। প্ৰতিবেদন অনুসৰি ১৫ ডিচেম্বৰলৈ আৰক্ষীৰ গুলীত অতিকমেও ৬ জন প্ৰতিবাদকাৰী নিহত হৈছে। ১০ দিনলৈ অসমত ইণ্টাৰনেট সেৱাৰ বন্ধ হৈ থকাৰ পাছত ২০ ডিচেম্বৰৰ পৰা ইণ্টাৰনেট সেৱা পুনৰাই কাৰ্যক্ষম হয়; উল্লেখযোগ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক ১৯ ডিচেম্বৰৰ সন্ধ্যাৰ ৫ বজাৰ পৰা ইণ্টাৰনেট সেৱা প্ৰত্যৰ্পণ কৰাৰ আদেশ দিছিল। ২২ ডিচেম্বৰ পৰ্যন্ত গ্ৰেপ্তাৰ কৰা প্ৰতিবাদকাৰীৰ সংখ্যা ৩৯৩ জন হয়গৈ; সামজিক মিডিয়াত আপত্তিকৰ আৰু উত্তেজক প'ষ্ট কৰাৰ আৰোপত ২৮টা গোচৰ ৰুজু কৰা হয়। ২১ ডিচেম্বৰত মহিলাসকলৰ প্ৰতিবাদী কাৰ্যসূচী ৰাজ্যজুৰি আয়োজন কৰা হয়। বয়োজ্যেষ্ঠ নাগৰিকসকলেও ২৩ ডিচেম্বৰত প্ৰতিবাদ সাব্যস্ত কৰে। ডিব্ৰুগড়ৰ চৌকিদিঙী খেলপথাৰত আছুৰ দ্বাৰা ২৪ ডিচেম্বৰত বিশাল গণ আন্দোলন আয়োজন কৰা হয়। প্ৰতিবাদৰ ফলত ১০ জানুৱাৰী ২০২০ৰ পৰা গুৱাহাটীত আৰম্ভ হ'ব লগা খেল' ইণ্ডিয়া য়ুথ গেমছলৈ আহিব লগা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভ্ৰমণ ৮ জানুৱাৰীত বাতিল কৰা হয়। আছুৱে মোডীৰ ভ্ৰমণৰ সময়ত বিশাল প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। গুৱাহাটী, ডিব্ৰুগড়ৰ লগতে অসমৰ বিভিন্ন অঞ্চলত সহস্ৰাধীকলোকে কা বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে গামোচাৰ লগতে অসমৰ অন্যান্য স্বকীয় সাজপোচাক পৰিধান কৰি, অসমৰ জাতীয় সংগীত আৰু আন জাতীয়তাবাদী গীত গাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকৰীসকলে অখিল গগৈৰ মুক্তিৰ দাবীও জনায় আৰু মোডী চৰকাৰক স্বৈৰতন্ত্ৰীক চৰকাৰ বুলি অভিহিত কৰে। ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰতিবাদকাৰীসকলে জোঁৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে। দুলিয়াজানৰ আছু আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শাখাৰ নেতৃত্বত অঞ্চলটোৰ কেইবাটাও সংস্থা গোট খাই ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত শিল্পীসকলক বহিষ্কাৰ কৰাৰ কথা ঘোষণা কৰে। এইসকল শিল্পীৰ ভিতৰত আইমী বৰুৱা, গায়ত্ৰী মহন্ত, কৃষ্ণমণি চুতীয়া, আকাশদ্বীপ আৰু পবিত্ৰ মাৰ্ঘেৰিটা উল্লেখযোগ্য। ৯ জানুৱাৰীত আছুৰ লগতে ৩০টা থলুৱা সংগঠন আৰু শিল্পী সমাজে গুৱাহাটী ক্লাবত প্ৰতিবাদ সাব্যস্ত কৰে আৰু ৰাজ্যজুৰি 'ৰণশিঙা' শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী চলায়। ২০২০ চনৰ জানুৱাৰীত ভোগালী বিহুৰ সময়ত অসমৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ কৰা ভেলাঘৰসমূহৰ বেৰত কা বিৰোধী শ্ল'গান, যেনে "কা আমি নামামো", "জয় আই অসম" আদি, লিখা গামোচা আঁৰি দিয়া হয়। আছুৱে অসমৰ ৰাইজক মেজিৰ জুইত নাগৰিকত্ব সংশোধনী আইনৰ এখন প্ৰতিলিপিও দহন কৰিবলৈ আহ্বান জনায়। আন্তঃৰাষ্ট্ৰীয় প্ৰতিক্ৰিয়া ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে আইনখন "মৌলিকভাবে বৈষম্যমূলক" বুলিছে আৰু কৈছে যে "ভাৰতে নিৰ্যাতিত লোকসকলক সুৰক্ষা দিব বিচৰা প্ৰচেষ্টাটো আদৰণীয়", পিছে ইয়াক কোনো ধৰণৰ বৈষম্য নকৰাকৈ "বলিষ্ঠ ৰাষ্ট্ৰীয় ৰাজনৈতিক আশ্ৰয় ব্যৱস্থা"ৰ দ্বাৰা ৰূপায়ণ কৰা উচিত। ভাৰতলৈ ইউৰোপিয়ান ইউনিয়নৰ ৰাষ্ট্ৰদূত উগ' আস্তুটোৱে মন্তব্য কৰে যে তেওঁ বিশ্বাস কৰে, নাগৰিকত্ব (সংশোধনী) আইনৰ আলোচনাৰ ফলাফল ভাৰতীয় সংবিধানৰ দ্বাৰা নিৰ্ধাৰিত উচ্চ মানদণ্ডৰ সৈতে সামঞ্জস্য থাকিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতাৰ কমিচনে আইনখন গৃহীত কৰাৰ বাবে অমিত শ্বাহকে ধৰি "আন প্ৰমুখ নেতাসকল"ৰ বিপক্ষে আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা আৰোপ কৰে। ভাৰতৰ বৈদেশীক পৰিক্ৰমা মন্ত্ৰণালয়ে ইয়াৰ প্ৰতিক্ৰিয়াত এক বিবৃত্তিত যোগে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই কৰা মন্তব্য সঠিক নহয় আৰু নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ অথবা নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জীয়ে ভাৰতীয় নাগৰিকৰ পৰা নাগৰিকত্ব কেতিয়াও কাঢ়ি নলয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশীক পৰিক্ৰমা মন্ত্ৰণালয়ে আইনখনৰ অভিপ্ৰায়ক লৈ প্ৰশ্ন তোলি কয়, "নাগৰিকত্বৰ বাবে যিকোনো ধৰ্মীয় পৰীক্ষাই গণতন্ত্ৰৰ প্ৰথমিক সিদ্ধান্তক ক্ষুণ্ণ কৰে। পিছে ১৯ ডিচেম্বৰ ২০১৯ত পুনৰ এক বিবৃত্তিযোগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশীক পৰিক্ৰমা মন্ত্ৰণালয়ে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতীয় গণতন্ত্ৰক সম্মান কৰে কিয়নো ই আইনখনক লৈ বলিষ্ঠ অভ্যন্তৰীণ আলোচনাৰ কৰিছে। ভাৰতলৈ ৰাছিয়াৰ উপ-ৰাষ্ট্ৰদূত ৰোমান বাবুস্কিনে মন্তব্য প্ৰকাশ কৰি কৈছে যে ৰাছিয়াই এই আইনখন ভাৰতৰ অভ্যন্তৰীণ বিষয় বুলি বিবেচনা কৰে। ভাৰতলৈ ফ্ৰান্সৰ ৰাষ্ট্ৰদূত ইমানুৱেল লেনাইনে মন্তব্য কৰে ফ্ৰান্সে এই আইনখনক ভাৰতৰ অভ্যন্তৰীণ বিষয় ৰূপে বিবেচনা কৰে আৰু ইয়াক সম্মান কৰে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে আইনখনৰ সমালোচনা কৰে। পাকিস্তানৰ ৰাষ্ট্ৰীয় সংসদে এই আইনখনক "বৈষম্যমূলক আইন" হিচাবে চিহ্নিত কৰি এটি প্ৰস্তাৱ পাচ কৰিছে আৰু যুক্তি দিছে যে ই "ভাৰত আৰু পাকিস্তানৰ মাজৰ দ্বিপাক্ষিক চুক্তি আৰু বুজাপৰাত, বিশেষকৈ দুয়োখন দেশৰ সংখ্যালঘুসমূহৰ সুৰক্ষা আৰু অধিকাৰৰ অভ্যন্তৰীণ সম্পৰ্ক"ৰ বিৰোধিতা কৰিছে। বাংলাদেশৰ বৈদেশীক পৰিক্ৰমা মন্ত্ৰী এ কে আব্দুল ম'মেনে কৈছে যে আইনখনে ধৰ্মনিৰপেক্ষ জাতি হিচাপে ভাৰতৰ ঐতিহাসিক স্বৰূপ দুৰ্বল কৰিব পাৰে আৰু এয়া অস্বীকাৰ কৰে যে বাংলাদেশত সংখ্যালঘুসকল ধৰ্মীয় নিৰ্যাতনৰ সন্মুখীন হৈছে। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মাহাথিৰ মহম্মদে এই আইনখনক সমালোচনা কৰে কয় যে ই "কিছু মুছলমানক তেওঁলোকৰ নাগৰিকত্বৰ পৰা বঞ্চিত কৰিব পাৰে। ভাৰতে এই সমালোচনা প্ৰত্যাখ্যান কৰি কয় যে আইনখনে "ধৰ্মৰ ওপৰত ভিত্তি কৰি কোনো ভাৰতীয়কে তেওঁৰ নাগৰিকত্বৰ পৰা বঞ্চিত নকৰে। সংস্থাটোৱে আইনখন আৰু নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জীৰ বৰ্তমান পৰিস্থিতিক লৈ উদ্বীগ্নতা প্ৰকাশ কৰে আৰু মুছলমান সংখ্যালঘুৰ নিৰাপত্তা নিশ্চিত কৰা আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ দায়বদ্ধতা অনুসৰণ কৰাৰ বাবে ভাৰত চৰকাৰক অনুৰোধ কৰে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ 2019. (2019) 2007. 2015 2015, 553, 8 2015. 2016 2016. 2019 2019 2019. 2019 2019. ভাৰতৰ সংবিধান ভাৰতীয় নাগৰিকত্ব আইন ভাৰতৰ
97475
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A7%81%E0%A6%B9%E0%A6%BE%E0%A6%AE%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%A6%E0%A7%B0%20%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A5%E0%A6%AE%20%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%95%E0%A6%BE%E0%A6%B6
মুহাম্মাদৰ প্ৰথম প্ৰকাশ
মুহাম্মাদৰ প্ৰথম প্ৰকাশ আছিল ইছলামিক পৰম্পৰাত ৬১০ খ্ৰীষ্টাব্দত সংঘটিত হোৱা বুলি বৰ্ণনা কৰা এটা পৰিঘটনা, য’ত ইছলামিক নবী মুহাম্মাদক ফৰিষ্টা জিব্ৰিল (জিব্ৰাইল)য়ে তেওঁৰ ওচৰলৈ গৈছিল, যিয়ে তেওঁক পিছলৈ কোৰআনলৈ পৰিণত হোৱাৰ আৰম্ভণিৰ বিষয়ে অৱগত কৰিছিল। মক্কাৰ সমীপৰ জাবাল আন-নৌৰ পৰ্বতত অৱস্থিত হিৰা নামৰ গুহাত এই অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰকাশৰ তাৰিখ প্ৰকাশৰ সঠিক তাৰিখ আৰু সময়ৰ কথা ক’তো উল্লেখ কৰা হোৱা নাই। ফলত সঠিক তাৰিখৰ ওপৰত বিতৰ্কৰ সৃষ্টি হয়। প্ৰথম প্ৰকাশৰ সময়ত কেলেণ্ডাৰৰ অৱস্থা কেলেণ্ডাৰৰ মাহবোৰ ঋতুৰ মাজেৰে ঘূৰি থকাটো বন্ধ কৰিবলৈ ইণ্টাৰকেলেচন ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ বাবে মাজে মাজে অতিৰিক্ত এমাহ (তীৰ্থযাত্ৰাত ঘোষণা কৰা) সুমুৱাই দিয়া হৈছিল, আদৰ্শগতভাৱে ঊনৈশ বছৰত সাতবাৰ। ৪১২ খ্ৰীষ্টাব্দত আন্তঃসংযোগ প্ৰৱৰ্তন কৰা হৈছিল বুলি কোৱা হৈছিল আৰু ই ইহুদীসকলৰ পৰা ধাৰলৈ লোৱা হৈছিল। এই প্ৰথা নিয়ন্ত্ৰণ কৰা ইহুদী বিষয়াজনক বুলি জনা গৈছিল। যেতিয়া আৰবসকলে এই পদ্ধতি গ্ৰহণ কৰিছিল তেতিয়া তেওঁলোকে এই শব্দটো ব্যৱহাৰ কৰিছিল সমগ্ৰ ব্যৱস্থাটোক বুজাবলৈ। ইহুদীসকলে ইয়াক চলোৱাৰ দৰেই ইয়াক পৰিচালনা কৰা হৈছিল বছৰৰ আৰম্ভণি (মুহৰৰাম) বসন্তৰ বতৰৰ লগত জড়িত আছিল। প্ৰথম প্ৰকাশৰ তাৰিখ চিনাক্ত কৰা মুবাৰকপুৰীৰ মতে এই ঘটনাৰ সঠিক তাৰিখ আছিল সূৰ্য্য উদয়ৰ ঠিক আগৰ ৰমজান মাহৰ ২১ তাৰিখ সোমবাৰ অৰ্থাৎ ৬১০ খ্ৰীষ্টাব্দৰ ১০ আগষ্ট যেতিয়া মুহাম্মাদৰ বয়স আছিল ৪০ চন্দ্ৰ বছৰ, ৬ মাহ আৰু ১২ দিন, অৰ্থাৎ ৩৯ সৌৰবছৰ, ৩ মাহ আৰু ২২ দিন। আন কিছুমানে নিৰ্দিষ্ট (অৰ্থাৎ অ-অন্তৰ্ভুক্ত) কেলেণ্ডাৰখন পিছলৈ প্ৰক্ষেপ কৰি দিনটো স্থাপন কৰে, দেওবাৰৰ পৰা সোমবাৰলৈকে, ১৩ৰ পৰা ১৪ ডিচেম্বৰ ৬১০লৈ নিশাৰ তাৰিখ প্ৰদান কৰে। সাৰাংশ মুহাম্মাদৰ জীৱনী অনুসৰি মক্কাৰ ওচৰৰ পাহাৰীয়া গুহাত (হিৰাৰ গুহা) ৰিট্ৰিটত থকাৰ সময়ত, য’ত মুহাম্মাদে গৈ নিজৰ সম্প্ৰদায়ৰ কুকৰ্মৰ ওপৰত চিন্তা কৰিছিল। জিব্ৰাইলে তেওঁৰ সন্মুখত উপস্থিত হৈ তেওঁক "পঢ়ক!" তেওঁ উত্তৰ দিলে, "কিন্তু মই পঢ়িব নোৱাৰো! তাৰ পাছত জিব্ৰাইল ফৰিষ্টাই তেওঁক টানকৈ সাৱটি ধৰিলে আৰু তাৰ পিছত তেওঁক কোৰআনৰ ৯৬ নং অধ্যায়ৰ প্ৰথম শাৰীবোৰ অৱতীৰ্ণ কৰিলে, "পঢ়ক: আল্লাহৰ নামত যিজনে সৃষ্টি কৰিলে, (১) মানুহক এটা থোকৰ পৰা সৃষ্টি কৰিলে। (২) পঢ়ক: আৰু।" আল্লাহ পৰম উদাৰ, (৩) যিয়ে কলমৰ দ্বাৰা শিকাইছিল, (৪) মানুহক সেই কথা শিকাইছিল যিটো তেওঁ নাজানিছিল। (৫)" (বুখাৰী ৪৯৫৩)। প্ৰকাশৰ আগতে মুহাম্মাদৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল মক্কাত। প্ৰায় ৪০ বছৰ বয়সত তেওঁ বহু ঘণ্টা অকলে প্ৰাৰ্থনা আৰু সৃষ্টিৰ দিশবোৰৰ ওপৰত জল্পনা-কল্পনা কৰি কটায়। তেওঁ চিন্তিত আছিল ঐশ্বৰিক পথ প্ৰদৰ্শন (জাহিলিয়াহ), সামাজিক অশান্তি, অন্যায়, ব্যাপক বৈষম্য (বিশেষকৈ নাৰীৰ বিৰুদ্ধে)ৰ অজ্ঞানতা।, প্ৰাক-ইছলামিক আৰবত প্ৰচলিত জনজাতিৰ মাজত যুদ্ধ আৰু জনজাতীয় কৰ্তৃপক্ষৰ অপব্যৱহাৰ। সহযোগী মানুহৰ নৈতিক অৱক্ষয়, আৰু তেওঁৰ নিজৰ প্ৰকৃত ধৰ্মৰ সন্ধানে ইয়াক আৰু অধিক ইন্ধন যোগাইছিল, যাৰ ফলত এতিয়া তেওঁ সময়ে সময়ে মক্কাৰ পৰা তিনি মাইল উত্তৰত অৱস্থিত হিৰা পৰ্বত নামৰ গুহা এটালৈ চিন্তা আৰু চিন্তাৰ বাবে আঁতৰি যাবলৈ ধৰিলে। ইছলামিক পৰম্পৰা অনুসৰি এই সময়ছোৱাত মুহাম্মাদে আধ্যাত্মিক তাৎপৰ্য্যৰে ভৰা সপোন দেখিবলৈ আৰম্ভ কৰিছিল যিবোৰ প্ৰকৃত আমদানি অনুসৰি পূৰণ হৈছিল; আৰু এইটোৱেই আছিল তেওঁৰ ঐশ্বৰিক প্ৰকাশৰ আৰম্ভণি। প্ৰথম প্ৰকাশ মুছলমান পৰম্পৰা অনুসৰি এনে এটা অনুষ্ঠানত তেওঁ চিন্তা কৰি থকাৰ সময়তে ৬১০ খ্ৰীষ্টাব্দত জিব্ৰাইল ফৰিষ্টা তেওঁৰ সন্মুখত উপস্থিত হৈ ক'লে, "পঢ়ক", তাৰ পিছত তেওঁ উত্তৰ দিলে, "মই পঢ়িব নোৱাৰো।" তেতিয়া স্বৰ্গদূতে তেওঁক ধৰি জোৰেৰে আলিংগন কৰিলে। এইটো আৰু দুবাৰ ঘটিল তাৰ পিছত ফৰিষ্টাই মুহাম্মাদক তলত দিয়া আয়াতবোৰ পাঠ কৰিবলৈ আদেশ দিলে: প্ৰকাশৰ পিছত এই নতুন অভিজ্ঞতাত বিমোৰত পৰি মুহাম্মাদে ঘৰলৈ ৰাওনা হ’ল য’ত তেওঁক সান্ত্বনা দিলে তেওঁৰ পত্নী খাদিজাই, যিয়ে তেওঁক তেওঁৰ নেষ্ট’ৰিয়ান খ্ৰীষ্টান খুলশালীয়েক ৱাৰাকা ইবনে নাউফালৰ ওচৰলৈও লৈ গ’ল। ইছলামিক পৰম্পৰা অনুসৰি ৱাৰাকাহে বৰ্ণনা শুনি মুহাম্মাদৰ নবীত্বৰ সাক্ষ্য দিছিল, আৰু মুহাম্মাদক পতিয়ন নিয়াইছিল যে ওহী আল্লাহৰ পৰা আহিছে। ৱাৰাকাহে ক'লে: "হে মোৰ ভতিজা! কি দেখিলা?" যেতিয়া মুহাম্মাদে তেওঁৰ লগত কি হৈছে সেই কথা ক’লে, ৱাৰাকাহে উত্তৰ দিলে, "এয়া হৈছে আল্লাহে মুছাৰ ওচৰলৈ পঠোৱা নামুছ (অৰ্থাৎ জিব্ৰিয়েল)। মই যদি সৰু হ'লোহেঁতেন। মই যদি সেই সময়লৈকে জীয়াই থাকিব পাৰিলোহেঁতেন যেতিয়া তোমাৰ লোকসকলে তোমাক বাহিৰ কৰি দিব।" মুহাম্মাদে সুধিলে: "তেওঁলোকে মোক খেদি পঠিয়াবনে?" ৱাৰাকাহে সঁহাৰি জনাই ক'লে: "আপুনি অনাৰ দৰে কিবা এটা লৈ অহা যিকোনো ব্যক্তিক শত্ৰুতাৰে ব্যৱহাৰ কৰা হৈছিল; আৰু যদি মই সেইদিনালৈকে জীয়াই থাকিব লাগে, তেন্তে মই আপোনাক দৃঢ়ভাৱে সমৰ্থন কৰিম।" কিছুদিন পিছত ৱাৰাকাহৰ মৃত্যু হয়। প্ৰাৰম্ভিক প্ৰকাশৰ পিছত থমকি ৰ'ল আৰু জিব্ৰাইলৰ সৈতে দ্বিতীয়বাৰৰ বাবে মুখামুখি হ'ল যেতিয়া মুহাম্মাদে আকাশৰ পৰা এটা মাত শুনিলে আৰু একেজন ফৰিষ্টাকে "আকাশ আৰু পৃথিৱীৰ মাজত বহি থকা" দেখিলে আৰু ৭৪ অধ্যায়ৰ প্ৰথম আয়াতৰ সৈতে প্ৰকাশ পুনৰ আৰম্ভ হ'ল। আল-তাবাৰী আৰু ইবনে হিছামে ৰিপৰ্ট কৰিছে যে মুহাম্মাদে এই প্ৰকাশত আচৰিত হোৱাৰ পিছত হিৰাৰ গুহা এৰি যায়, কিন্তু পিছলৈ, গুহালৈ উভতি আহি নিজৰ নিসংগতা অব্যাহত ৰাখিলে, যদিও পৰৱৰ্তী সময়ত তেওঁ মক্কালৈ উভতি যায়। তাবাৰী আৰু ইবনে ইছহাকে লিখিছে যে মুহাম্মাদে জুবাইৰক কৈছিল: মুহাম্মাদৰ প্ৰথম আৰু দ্বিতীয় প্ৰকাশৰ অভিজ্ঞতাৰ মাজৰ সময়ৰ বিষয়ে জীৱনীকাৰসকলৰ মতানৈক্য আছে। ইবনে ইছহাকে লিখিছে যে মুহাম্মাদে প্ৰথম ওহী পোৱাৰ পৰা ৰাজহুৱাভাৱে প্ৰচাৰ কৰিবলৈ আৰম্ভ নকৰালৈকে তিনি বছৰ পাৰ হৈ গ’ল। বুখাৰীয়ে ৭৪ নং অধ্যায়ক দ্বিতীয় প্ৰকাশ হিচাপে লয় যদিও ৬৮ নং অধ্যায়ক দ্বিতীয় প্ৰকাশ বুলি দৃঢ় দাবী কৰা হৈছে। তথ্যসূত্ৰ মুহাম্মাদ ইছলাম ধৰ্ম
77935
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%20%E0%A6%AA%E0%A7%87%E0%A6%9F%E0%A7%8D%E0%A7%B0%E2%80%99%E0%A6%95%E0%A7%87%E0%A6%AE%E0%A6%BF%E0%A6%95%E0%A7%87%E0%A6%B2%E0%A6%9B%20%E0%A6%B2%E0%A6%BF%E0%A6%AE%E0%A6%BF%E0%A6%9F%E0%A7%87%E0%A6%A1
অসম পেট্ৰ’কেমিকেলছ লিমিটেড
অসম পেট্ৰ’কেমিকেলছ লিমিটেড অসম চৰকাৰৰ এক ৰাজ্যিক পৰ্যায়ৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। অসম চৰকাৰ, অইল ইণ্ডিয়া লিমিটেড আৰু অসম ঔদ্যোগিক উন্নয়ন নিগমৰ আৰু অসম গেছ কোম্পানী লিমিটেডৰ মুখ্য অংশীদাৰীত্বৰে গঠিত প্ৰতিষ্ঠানটো ১৯৭১ চনত অন্তৰ্ভুক্ত কৰা হৈছিল। ১৯৭৬ চনত নামৰূপত অৱস্থিত মিথানল প্ৰকল্পত ফৰ্মেলডিহাইড আৰু কেইটামান ইউৰিয়া-ফৰ্মেলডিহাইড ৰেজিন যেনে ইউৰিয়া-ফৰ্মেলডিহাইড গ্লু আৰু ইউৰিয়া-ফৰ্মেলডিহাইড মোল্ডিং পাউডাৰৰ সৈতে উৎপাদন আৰম্ভ কৰা হৈছিল। ১৯৮৯ আৰু ১৯৯৮ চনত সম্প্ৰসাৰণৰ পিছত, কোম্পানীটোৱে মিথানল প্ৰকল্পটো ১০০ টিপিডি (প্ৰতিদিনে টন) আৰু ফৰ্মেলডিহাইড প্ৰকল্পৰ ক্ষমতা ১০০ টিপিডিলৈ সম্প্ৰসাৰিত কৰিছিল। কোম্পানীটোৱে ২০১৭ চনৰ ছেপ্টেম্বৰত ঘোষণা কৰিছিল যে ই ১,৩৩৭ কোটি টকা বিনিয়োগ কৰিব আৰু ৫০০ টিপিডি মিথানল আৰু ২০০ টিপিডি ফৰ্মালিন উৎপাদন কৰিবলৈ সম্প্ৰসাৰিত হ'ব আৰু ভাৰতৰ সৰ্ববৃহৎ মিথানল উৎপাদক হিচাপে পৰিগণিত হ'ব। এই প্ৰকল্পৰ বাবে প্ৰয়োজনীয় কেঁচামাল হৈছে প্ৰাকৃতিক গেছ, ইউৰিয়া আৰু কাৰ্বন ডাই অক্সাইড। অইল ইণ্ডিয়া লিমিটেডে যোগান ধৰা প্ৰাকৃতিক গেছ, মিথানল উৎপাদনৰ বাবে কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়। নামৰূপ সাৰ প্ৰকল্পৰ দ্বাৰা ইউৰিয়া আৰু কাৰ্বন ডাই অক্সাইড যোগান ধৰা হয়। ইতিহাস ১৯৭১ চনৰ ১৫ জুনত মিথানল আৰু ফৰ্মালিন উৎপাদনৰ বাবে নামৰূপত কোম্পানীটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল। অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডে (এআইডিচি) প্ৰাকৃতিক গেছৰ পৰা মিথানল উৎপাদন বাবে কোম্পানীটোক প্ৰচাৰ কৰিছিল। ইয়াৰ বাবে প্ৰয়োজনীয় কেঁচামাল উজনি অসমৰ তেলক্ষেত্ৰত যথেষ্ট পৰিমাণে উপলব্ধ আছিল। এ.পি.এল.-ৰ পেট্ৰ'কেমিকেল কমপ্লেক্স হৈছে ভাৰতত এনে ধৰণৰ প্ৰথম, য'ত কেঁচামাল হিচাপে প্ৰাকৃতিক গেছ আছে। ফৰ্মেলিন হৈছে ইয়াৰ অন্যতম উল্লেখযোগ্য সামগ্ৰী। কোম্পানীটোৱে ১৯৭৬ চনৰ জুন মাহত ইয়াৰ ২১ এমটিপিডি আৰু ৩৬ এমটিপিডি ক্ষমতাৰ দুটা প্ৰকল্পৰ পৰা মিথানল আৰু ফৰ্মালিনৰ বাণিজ্যিক উৎপাদন আৰম্ভ কৰিছিল আৰু জাপানৰ মিৎসুবিচি গেছ কেমিকেলছ কোম্পানীৰ দ্বাৰা যোগান ধৰা প্ৰযুক্তিৰ সৈতে কেইটামান ইউৰিয়া ফৰ্মেলডিহাইড ৰেজিন ডাউনষ্ট্ৰীম প্ৰকল্প হিচাপে আৰম্ভ কৰিছিল। ওপৰৰ অসমৰ ওচৰৰ তেল ক্ষেত্ৰত প্ৰাকৃতিক গেছৰ উপলব্ধতা থকাৰ বাবে, এপিএল-এ আন ১০০ টিপিডি মিথানল প্ৰকল্প স্থাপন কৰে আৰু ১৯৮৯ চনত আইচিআই, ইউকে আৰু 1997 চনত নেডাৰলেণ্ডৰ ডিৰিভাডোচফৰেষ্টেলছৰ প্ৰযুক্তিৰ সৈতে ১০০ টিপিডি ক্ষমতাফৰ্মেলিন সম্প্ৰসাৰণ প্ৰকল্পৰ সৈতে ইয়াক আৰম্ভ কৰে। ১৯৯৬ চনত উচ্চতম ন্যায়ালয়ে কাঠ উদ্যোগৰ ওপৰত নিষেধাজ্ঞা ৰখাৰ পিছত এপিএল-এ ফৰ্মালিনৰ ব্যৱসায় কৰাত অসুবিধা পাইছিল। কিয়নো ইয়াক উত্তৰ-পূৰ্বাঞ্চলৰ প্লাইউড নিৰ্মাতাসকলে বৃহৎ পৰিমাণে ব্যৱহাৰ কৰিছিল। লগতে ২০০০ চনত বঙাইগাঁও তেল শোধনাগাৰ আৰু পেট্ৰ'কেমিকেলছ লিমিটেডৰ ডিএমটি প্ৰকল্পটো বন্ধ কৰি দিয়াৰ ফলত আন এক গুৰুত্বপূৰ্ণ উপভোক্তাৰ দুৱাৰ বন্ধ হৈ যায়। সৰ্বাধিক লাভ অৰ্জন কৰা ৰাজ্যখনৰ ভিতৰত ইয়াৰ বজাৰ প্ৰায় সম্পূৰ্ণৰূপে নিঃশেষ হোৱা এই দুটা বিফলতাৰ স্বত্বেও এপিএলয়ে দেশৰ বাকী অংশ, ভূটান, বাংলাদেশ আৰু নেপালৰ বজাৰসমূহক ফৰ্মেলিন বিক্ৰী কৰি নিজৰ বিকাশৰ পথ প্ৰস্তুত কৰিব পাৰে। লগতে, এপিএলে ২০১২ চনত ইয়াৰ ১০০ টিপিডি ফৰ্মেলডিহাইড প্ৰকল্পটো ১২৫ টিপিডিলৈ পুনৰ নিৰ্মাণ কৰে। বৰ্তমানৰ প্ৰকল্পটোৰ ক্ষমতা-মিথানল আৰু ফৰ্মালিন হৈছে ক্ৰমান্বয়ে ১০০ টিপিডি আৰু ১২৫ টিপিডি। উৎপাদন কোম্পানীটো ভাৰতৰ মিথানলৰ শীৰ্ষ পাঁচ উৎপাদকৰ ভিতৰত অন্যতম; আন চাৰিটা হৈছে গুজৰাট নৰ্মদা ভেলী সাৰ আৰু ৰাসায়নিক পদাৰ্থ, দীপক সাৰ আৰু পেট্ৰ'কেমিকেলছ কৰ্পোৰেচন লিমিটেড, ৰাষ্ট্ৰীয় ৰাসায়নিক আৰু সাৰ আৰু ৰাষ্ট্ৰীয় সাৰ লিমিটেড। ২০১৮ চনৰ অক্টোবৰ মাহত কোম্পানীটোৱে পৰম্পৰাগত তৰলীকৃত পেট্ৰ'লিয়াম গেছ (এলপিজি)ৰ ঠাইত মিথানলক ৰন্ধন গেছ হিচাপে ব্যৱহাৰ কৰাৰ বাবে এটা পাইলট প্ৰকল্প আৰম্ভ কৰিছিল। পৰম্পৰাগত ৰন্ধন ইন্ধনৰ বিকল্প হিচাপে মিথানল আগবঢ়োৱা কোম্পানীটো ভাৰতৰ প্ৰথম ব্যক্তি আছিল। মুকলিৰ সময়ত প্ৰতিটোৰ ওজন ১.২ কিলোগ্ৰাম ওজনৰ কেনিষ্টাৰবোৰৰ মূল্য আছিল ৩২ টকা। মিথানলৰ এনে ১৮টা কেনিষ্টাৰ এটা এলপিজি চিলিণ্ডাৰৰ সমান আছিল যিটো ভাৰতত ঘৰুৱা ৰন্ধনৰ বাবে ব্যৱহাৰ কৰা হয়। এলপিজি আমদানিৰ ব্যয় হ্ৰাস কৰিবলৈ তেওঁলোকৰ "মিথানল অৰ্থনীতি" ধাৰণাৰ অধীনত নীতি আয়োগৰ সমৰ্থনত প্ৰকল্পটো আৰম্ভ কৰা হৈছিল। তথ্য উৎস বাহ্যিক সংযোগ অসমৰ উদ্যোগ ডিব্ৰুগড়
31118
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A7%B1%20%E0%A6%AC%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE
মানৱ বিষ্ঠা
মানৱ বিষ্ঠা বা মল) হৈছে মানুহৰ পাচন তন্ত্ৰৰ পেলনীয়া দ্ৰব্য। পাচন তন্ত্ৰৰ অৱস্থা, খাদ্য আৰু স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ গুণাগুণ বেলেগ বেলেগ হ'ব পাৰে। সাধাৰণতে বিষ্ঠা এখন শ্লেষ্মা আৱৰণেৰে অৰ্ধকঠিন হয়। অলপ কঠিন, বাষ্প কম থকা বিষ্ঠা খাদ্যনলীৰ সিটো মূৰত থাকিব পাৰে। পাচন গতি নোহোৱা হোৱাৰ পিছত মলভাণ্ডৰ পৰা বিষ্ঠা অন্ত্ৰলৈ উভতি গ'লে পানীখিনিৰ শোষণ হৈ সাধাৰণতে এনে হয়। নৱজাতকৰ প্ৰথম বিষ্ঠাক মেক'নিয়াম বুলি কোৱা হয়। বিষ্ঠাৰ ৰঙৰ বিভিন্নতা খাদ্যবস্তু আৰু স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰি মানুহৰ বিষ্ঠাৰ বং বেলেগ বেলেগ হ'ব পাৰে। মুগা মানৱ বিষ্ঠাৰ ৰং সাধাৰণতে পাতলীয়াৰ পৰা ডাঠ মুগা বৰণীয়া। মৃত লোহিত ৰক্ত কণিকাৰ পৰা উৎপন্ন হোৱা বিলিৰুবিনৰ ৰূপ "ষ্টাৰক'বিলিন'জেন"ৰ বাবে এনে ৰং হয়। সাধাৰণতে শ্লেষ্মা আৱৰণ এখনৰে বিষ্ঠা অৰ্ধকঠিন অৱস্থাৰ হয়। হালধীয়া পৰজীৱী হিচাপে মানুহৰ পেটত থিতাপি লোৱা প্ৰ'ট'জ'ৱা "জিয়াৰ্ডিয়া"ৰ ফলত বিষ্ঠাৰ ৰং হালধীয়া হ'ব পাৰে। ই সংক্ৰামক গ্ৰহণি ৰোগৰ সৃষ্টি কৰে। গিলবাৰ্ট চীনড্ৰ'ম" নামৰ আন এক কাৰণত বিষ্ঠাৰ ৰং হালধীয়া হ'ব পাৰে। এই ৰোগত জণ্ডিছ হয় আৰু তেজত অধিক পৰিমাণৰ বিলিৰুবিন উপস্থিত থাকে। ক'লা বা ৰঙা অন্ত্ৰত বহুত সময় লোহিত ৰক্ত কণিকা থাকিলে পাচক উৎসেচকে সেয়া ভাঙি পেলায় আৰু তাৰ ফলত বিষ্ঠা ক'লা ৰঙৰ হয়। এই অৱস্থাক "মেলিনা" বুলি কোৱা হয়। পাচন নলীৰ ওপৰ অংশত টিক আলচাৰ আদিৰ জৰিয়তে ৰক্তক্ষৰণ হ'লে এনে হ'ব পাৰে। জন্তুৰ তেজ বেছি পৰিমাণে থকা খাদ্য যেনে ক'লা পুডিং খোৱাৰ পিছতো বিষ্ঠাৰ ৰং ক'লা হ'ব পাৰে। ঔষধ যেনে বিছমুথ চেলিচাইলেট, আইৰণ বড়ি, বা বিট, বা ব্লুবেৰী খালেও বিষ্ঠাৰ ৰং এনে হয়। মলৰ লগত উজ্জ্বল ৰঙা ৰঙৰ তেজ গ'লে তাক হিমাট'কেজিয়া বুলি কোৱা হয়। পাচন নলীৰ তলৰ অংশৰ পৰা ৰক্তক্ষৰণ হ'লে এনে হয়। অত্যধিক মদ্যপানেও মলৰ ৰং ৰঙা-ক'লা কৰিব পাৰে। নীলা বিকিৰণ, চিজিয়াম আৰু থালিয়াম বিষক্ৰিয়াৰ চিকিৎসাত ব্যৱহাৰ হোৱা প্ৰুছিয়ান ব্লুয়ে বিষ্ঠাৰ ৰং নীলা কৰিব পাৰে। খাদ্যত ব্যৱহৃত নীলা ৰঙৰ অধিক উপস্থিতিয়েও এনে ৰং কৰিব পাৰে। ৰূপালী পিত্তনলীত বাধা থাকিলে উৎপন্ন হোৱা পাতলীয়া বা বগা ৰঙৰ মল আৰু পাচনতন্ত্ৰৰ ৰক্তক্ষৰণ (যেনে মেলিনা) লগ হ'লে ৰূপালী বা এলুমিনিয়ামৰ ৰঙৰ দৰে বিষ্ঠা দেখা পোৱা যায়। এনে ৰঙে ৱাটাৰৰ এম্পুলাৰ কৰ্কট ৰোগো বুজাব পাৰে যাৰ ফলত পাচননলীৰ ৰক্তক্ষৰণ আৰু পিত্তনলীৰ বহনত বাধা হয়। সেউজীয়া পাচননলীত বেছি পৰিমাণৰ প্ৰ'চেছ নোহোৱা পিত্ত জমা হ'লে বিষ্ঠাৰ ৰং সেউজীয়া হ'ব পাৰে। লিকুঅ'ৰিছ কেণ্ডি বেছিকৈ খালেও এনে হ'ব পাৰে। যিহেতু ইয়াক লিকুঅ'ৰিছ হাৰ্বৰ বিপৰীতে এনিছ তেলৰ পৰা তৈয়াৰ কৰা হয় আৰু ইয়াত বেছিকৈ শৰ্কৰা থাকে, অধিক শৰ্কৰা গ্ৰহণ কৰিলে এনিছ তেলৰ প্ৰতি সংবেদনশীলতা বেছি হ'লে ঢিলা, সেউজীয়া ৰঙৰ শৌচ হ'ব পাৰে। গোন্ধ মানৱ বিষ্ঠাৰ এটা গোন্ধ থাকে যিটো খাদ্য (বিশেষকৈ মাংসৰ প্ৰ'টিন যেনে- মিথিয়'নিন) আৰু স্বাস্থ্য অনুসাৰে সলনি হ'ব পাৰে। মানৱ বিষ্ঠাৰ গোন্ধ তলত দিয়া উদ্বায়ী পদাৰ্থসমূহৰ পৰা উৎপন্ন হয় বুলি কোৱা হয়: মিথাইল চালফাইডসমূহ মিথাইলমাৰ্কাপটান/মিথেনেথিঅ'ল ডাইমিথাইল চালফাইড ডাইমিথাইল ট্ৰাইচালফাইড ডাইমিথাইল ডাইচালফাইড বেঞ্জ'পাইৰ'ল ড'ল স্কেট'ল হাইড্ৰ'জেন চালফাইড হৈছে বিষ্ঠাত সকলোতকৈ বেছি থকা চালফাৰ যৌগ। বিষ্ঠাৰ গোন্ধ কিছুমান ৰোগতো বাঢ়িব পাৰে, যেনে: চিলিয়াক ৰোগ ক্ৰ'নৰ ৰোগ আলচাৰেটিভ ক'লাইটিছ. ক্ৰ'নিক ক্ৰিয়াটাইটিছ চীষ্টিক ফাইব্ৰ'চিছ অন্ত্ৰৰ সংক্ৰমণ, যেনে- ক্ল'ষ্ট্ৰিডিয়াম ডিফিচিলে সংক্ৰমণ। অজীৰ্ণ চৰ্ট বাৱেল চীনড্ৰ'ম বিষ্ঠা আৰু পাদৰ দুৰ্গন্ধ কমাবলৈ কিছুমান চেষ্টা কৰা হৈছে; বেছিভাগেই ঔদ্যোগিক প্ৰয়োগৰ সৈতে জন্তুৰ ওপৰত কৰা গৱেষণা, যেনে- গাহৰিৰ পালনৰ পৰিবেশৰ প্ৰভাৱ কমোৱা। কিছুমান খাদ্যৰ পৰিৱৰ্তন/পৰিপূৰিকা গৱেষণা কৰা হৈছে, যেনে: সক্ৰিয় এঙাৰ (এই অধ্যয়নটোত পোৱা গ'ল যে দিনে চৰিবাৰকৈ ০.৫২ গ্ৰাম সক্ৰিয় এঙাৰে বিষ্ঠাৰ গেছৰ উপাদনত বিশেষ প্ৰভাৱ নেপেলায়)। বিচমুথ চাবছেলিছাইলেট. ক্ল'ৰ'ফাইলিন ৰ'জমেৰীৰ দৰে উদ্ভিদ য়ুক্কা চিডিগেৰা. জিংক এচিটেট। ব্যক্তিগত চিকুণতা বেলেগ বেলেগ সমাজত মলত্যাগ কৰাৰ পিছত মলদ্বাৰ পৰিষ্কাৰ কৰাৰ প্ৰক্ৰিয়া ভিন ভিন। পশ্চিমীয়া আৰু পূব এছিয়াৰ সমাজত ইলেট পেপাৰৰ বহুল ব্যৱহাৰ হয়। ফ্লাছ ইলেট উদ্ভাৱন হোৱাৰ পূৰ্বে আন কাগজৰ সামগ্ৰীও ব্যৱহাৰ হৈছিল। কিছুমান ইউৰোপীয়ান দেশত অধিক পৰিষ্কাৰৰ বাবে বিডে'ট ব্যৱহাৰ কৰা হয়। দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত ইলেটত ব্যৱহাৰ বাবে শ্বাৱাৰ থাকে। ইছলামীয় সংস্কৃতিত পানী ব্যৱহাৰ কৰি বাওঁহাতেৰে মলদ্বাৰ চাফা কৰাৰ নিয়ম। ভাৰততো পানী ব্যৱহাৰ কৰি বাওঁহাতেৰে মলদ্বাৰ চাফা কৰা হয়। সংযুক্ত ৰাজ্যত ৰাণী ভিক্টোৰিয়াৰ ৰাজত্বকালত ভাৰতীয় ইলেটৰ বহুল প্ৰচলন হৈছিল। তেনে ইলেট ব্যৱহাৰ কৰা কৰ্মীসকলৰ পৰা কেইবাটাও খাদ্য বিষক্ৰিয়াৰ ঘটনা ঘটিছিল। প্ৰাচীন ৰোমত এটুকুৰা ৰাজহুৱা স্পঞ্জৰ ব্যৱহাৰ কৰা হৈছিল। ব্যৱহাৰৰ পিছত সেয়া নিমখ-পানীত চাফা কৰা হৈছিল। জাপানত পুৰণি কালত চেপেটা লাঠী ব্যৱহাৰ কৰা হৈছিল। পশ্চিমীয়াকৰণৰ লগে লগে ইলেট পেপাৰৰ প্ৰচলন হয়। আজিকালি বিডে'টযুক্ত ইলেটৰ আদৰ বাঢ়ি আহিছে। এই সঁজুলিত ব্যৱহাৰকাৰীয়ে পানীৰ তাপমাত্ৰা, দিশ আৰু গতি সলাব পাৰে আৰু মলদ্বাৰ শুকুৱাবৰ বাবে বতাহ মাৰিব পাৰে। আসনৰ পৰা তপিনা আঁতৰোৱাৰ লগে লগে ইলেটটোত স্বয়ংক্ৰিয়ভাৱে ফ্লাছ হয়। ব্ৰিষ্টল মল স্কে'ল চিকিৎসা বিজ্ঞানত মানৱ বিষ্ঠাক প্ৰকৃতি অনুসৰি শ্ৰেণীকৰণ কৰিবৰ বাবে এই স্কে'ল ব্যৱহাৰ কৰা হয়। সংযুক্ত ৰাজ্যত বুলিও কোৱা এই পদ্ধতিটো এ ব্ৰিষ্টল বিশ্ববিদ্যালয়ত উদ্ভাৱন কৰিছিল আৰু প্ৰথমে ১৯৯৭ চনত ত প্ৰকাশিত হৈছিল। ক'ল'নত বিষ্ঠা থকা সময়ৰ ওপৰতে তাৰ প্ৰকৃতি নিৰ্ভৰ কৰে। মানৱ বিষ্ঠাৰ সাতটা প্ৰকাৰ হ'ল: পৃথক পৃথক কঠিন লাড়ুৰ দৰে (ওলাই যাবলৈ টান) চ'চেজ আকৃতিৰ কিন্তু টেমুনাৰ দৰে থাকে চ'চেজৰ দৰে কিন্তু পৃষ্ঠ ফটাৰ দৰে দেখি চ'চেজ বা সৰ্পাকৃতিৰ, কোমল আৰু পিছল নিৰ্দিষ্ট কাষ থকা কোমল টেমুনাৰ দৰে খহটা কাষ থকা পাতল টুকুৰা, পাতলীয়া মল পানীৰ দৰে, কঠিন টুকুৰা নাই। প্ৰথম আৰু দ্বিতীয়টো প্ৰকাৰে বিশেষকৈ দ্বিতীয়টোৱে ষ্টিপেছন বুজায় কাৰণ সেইবোৰ মলদ্বাৰেদি ওলাই যাবলৈ টান হয়। ৫-৭ নং প্ৰকাৰে গ্ৰহণী বা বেছিকৈ মলত্যাগৰ অনুভূতিক বুজায়। বিষ্ঠাৰ মাৰ্কাৰ বিষ্ঠাত পোৱা কেতবোৰ মাৰ্কাৰে শৰীৰত চলি থকা বিভিন্ন ৰোগ আৰু পৰিঘটনাৰ উমান দিয়ে। উদাহৰণস্বৰূপে- ফিকেল প্ৰটেক্টিনৰ উচ্চ মাত্ৰাই প্ৰদাহ প্ৰক্ৰিয়া যেনে ক্ৰ'নৰ ৰোগ, আলচাৰেটিভ ক'লাইটিছ আৰু কৰ্কট ৰোগলৈ আঙুলিয়াব পাৰে। তাৰ উপৰিও বিষ্ঠা অ'কাল্ট তেজৰ বাবে বিশ্লেষণ কৰিব পাৰি যিয়ে পেটৰ ভিতৰৰ ৰক্তক্ষৰণ সূচায়। অস্বাভাৱিকতা বিষ্ঠা বিশ্লেষণ (বিষ্ঠাৰ নমুনা) বিষ্ঠাত বিচৰা প্ৰধান অণুজীৱসমূহ হৈছে: ছ প্ৰজাতি চালম'নেলা আৰু শ্বিগেলা য়াৰছিনিয়াক সাধাৰণ উষ্মতাতকৈ অলপ কম তাপৰ প্ৰয়োজন হয়। (৩০0 কেম্পাইল'বেক্টৰক ৪২0 ত বিশেষ পৰিবেশত কিউবেট কৰা হয়। এৰ'ম'নাছ কেণ্ডিডা যদি ব্যক্তিজনৰ প্ৰতিৰোধী ক্ষমতা কম। "ই ক'লাই" ০১৫৭ যদি ব্যক্তিজনৰ বিষ্ঠাৰ নমুনাত তেজ দেখা যায়। ক্ৰীপ্ট'স্প'ৰিডিয়াম এণ্টামিবা হিষ্ট'লাইটিকা অন্ত্ৰৰ পৰজীৱী আৰু সেইবোৰৰ কণী কেতিয়াবা সুদা চকুৰেও দেখা পোৱা যাব পাৰে। অজীৰ্ণ খাদ্যৰ কণা হজম নোহোৱা খাদ্যৰ অৱশিষ্ট যেনে গুটিয়ে মানুহৰ পাচন তন্ত্ৰইদি পাৰ হৈ পিছত গজালি মেলিব পাৰে। এটা উদাহৰণ হৈছে বিষ্ঠাৰ অংশক সাৰ হিচাপে ব্যৱহাৰ কৰিলে বিলাহীৰ গছ গজাটো। হাগনি হাগনি হৈছে দিনত তিনি বা ততোধিকবাৰ ঢিলা বা পনীয়া পায়খানা হোৱা, বা ব্যক্তি এজনৰ স্বাভাৱিক অৱস্থাতকৈ বেছিকৈ হোৱা। ই কোনো আঘাত, ৰোগ বা খাদ্যৰ পৰা হোৱা বেমাৰৰ লক্ষণ হ'ব পাৰে। হাগণিত প্ৰায়েই পেটৰ বিষ, বমিৰ ভাৱ, বমি আদি হ'ব পাৰে। আন কিছুমান অৱস্থাতো হাগনিৰ আটাইবোৰ বা কিছুমান লক্ষণ থাকিব পাৰে। গতিকে চিকিৎসা বিজ্ঞানত হাগনিৰ সংজ্ঞা দিওঁতে প্ৰতি দিনে ২০০ গ্ৰামতকৈ বেছি শৌচ হোৱাক বুজোৱা হয় (যদিও প্ৰকৃততে শৌচৰ ওজন কৰি ৰোগ নিৰূপণ কৰা নহয়)। ক'ল'নে পানী কমকৈ শোষণ কৰিলে শৌচ ঢিলা হয়। পাচন প্ৰক্ৰিয়াৰ অংশ হিচাপে বা জুলীয়া পদাৰ্থ গ্ৰহণ কৰিলে খাদ্যৰ লহত যথেষ্ট পৰিমাণৰ পানী মিহলি হয়। ক'ল'ন পোৱাৰ আগতে খাদ্য তেনেই জুলীয়া হৈ থাকে। ক'ল'নে পানীখিনি শোষণ কৰাৰ ফলত বাকী থকা বস্তুখিনিয়ে অৰ্ধকঠিন বিষ্ঠাৰ ৰূপ লয়। ক'ল'নৰ এই কাৰ্যত বাধাৰ সৃষ্টি হ'লে শোষণ নোহোৱাৰ ফলত পনীয়া শৌচ হয়। সাধাৰণতে বিভিন্ন প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণৰ ফলত হাগনি হয় যদিও বেক্টেৰিয়াৰ টক্সিন বা সংক্ৰমণতো হাগনি হ'ব পাৰে। স্বাস্থ্যসন্মত পৰিবেশত আৰু সঠিক খাদ্য-পানীৰ যোগান থাকিলে মানুহ এজনে সাধাৰণ ভাইৰেল সংক্ৰমণৰ পৰা এসপ্তাহৰ ভিতৰত আৰোগ্য লাভ কৰে। কিন্তু আন ৰোগ বা অপুষ্টিত ভোগা মানুহৰ তীব্ৰ ডিহাইড্ৰেছন হৈ চিকিৎসাৰ অভাৱত মৃত্যুমুখতো পৰিব পাৰে। ব্যৱহাৰ সাৰ হিচাপে বহু আগৰ পৰাই মানৱ বিষ্ঠা সাৰ হিচাপে ব্যৱহৃত হৈ আহিছে। শুদ্ধ নকৰাকৈ খেতিপথাৰত ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ হানি হোৱাৰ আশংকা থাকে। বিশ্বজুৰি উন্নয়নশীল দেশবোৰত হোৱা ১৫০ কোটি নামৰ পেলুৰ ৰোগৰ ইয়ো এক কাৰণ। বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশ মতে মানুহৰ বিষ্ঠাৰ পৰা বীজাণু আঁতৰ কৰিহে এইয়াক ব্যৱহাৰ কৰা হয়। মানৱ বিষ্ঠা আৰু খেতিৰ এই সম্পৰ্কক (ইক'ল'জিকেল ছেনিটেচন) নাম দিয়া হৈছে। মলক ব্যৱহাৰ উপযোগী কৰি তোলা টইলেটৰ প্ৰকাৰৰ ভিতৰত আছে ইউৰিন ডাইভাৰ্টিং ড্ৰাই টইলেট আৰু কম্প'ষ্টিং টইলেট। মল সংস্থাপন স্বাস্থ্যবান লোকৰ মলৰ বেক্টেৰিয়া নি ইৰিটেবল বাৱেল ড্ৰমৰ দৰে ৰোগত ভোগা মানুহৰ গাত সংস্থাপন কৰাক "মল সংস্থাপন" বা "মল বেক্টেৰিয়থেৰাপী" বোলে। ইয়াৰ ফলত গ্ৰহণকাৰীৰ অন্ত্ৰৰ উন্নতি হয় বুলি ধাৰণা কৰা হয়। শেহতীয়া গৱেষণাই দেখুৱাইছে যে প্ৰতিজৈৱিক বা অন্য চিকিৎসাৰ ফলত ধ্বংস হোৱা অন্ত্ৰৰ প্ৰয়োজনীয় বেক্টেৰিয়া গঢ়ি তোলাত ই সহায়ক। জৈৱিক গেছ উৎপাদন নৰ্দমাত মল ৰাখি অবাত শ্বসন পদ্ধতিৰে জৈৱিক গেছ উৎপাদন কৰাক লৈ ৯৫০ কোটি ডলাৰৰ ব্যৱসায় হ'ব পাৰে। ৱাশ্বিংটন ডিচিয়ে এনেকৈ জৈৱিক গেছ উৎপাদন কৰি বছৰি ১.৩ কোটি ডলাৰ ৰাহিৰ পৰিকল্পনা কৰিছে। ধাতুৰ সন্ধান জাপানৰ কৰ্মীসকলে মলৰ নৰ্দমাত ধাতুৰ সন্ধান কৰিছিল। -ই হিচাপ কৰে যে ১০ লাখ মানুহৰ মলত ১.৩ কোটি ডলাৰ মূল্যৰ ধাতু থাকে। বিষ্ঠা কলুষণ পানীৰ উৎসক বিষ্ঠাই কলুষিত কৰা পৰীক্ষা কৰিবলৈ মেক্কংকী অগৰ বা পেট্ৰি ডিছৰ সহায়ত "ই ক'লাই" বেক্টেৰিয়াৰ উপস্থিতি পৰীক্ষা কৰা হয়। ই ক'লাই বেক্টেৰিয়াই সাধাৰণতে ৪৩0 ত ৰাতিটোৰ ভিতৰত ৰঙা ক'ল'নী সৃষ্টি কৰে। ই ক'লাই বেক্টেৰিয়াৰ বেছিভাগ প্ৰকাৰেই অনিষ্ঠ নকৰে যদিও ইয়াৰ উপস্থিতিয়ে পানীত বিষ্ঠাৰ দূষণ আৰু গতিকে আন অনিষ্ঠকৰ বীজাণুৰ উপস্থিতিৰ সম্ভাৱনালৈ আঙুলিয়াই দিয়ে। গোতেই বিশ্বতে পানীৰ উৎসক বিষ্ঠাই কলুষিত কৰে আৰু খোৱা পানীক অসুৰক্ষিত কৰি তোলে। উন্নয়নশীল দেশসমূহত শৌচাগাৰৰ পেলনীয়া পানী কোনো ৰাসায়নিক দ্ৰব্য নিমিহলোৱাকৈ ওলাই যাবলৈ দিয়া হয়। আনকি উন্নত দেশসমূহতো এনে নলাৰ আৱৰ্জনা বেছিকৈ ওলাই পানীৰ উৎসক দূষিত কৰে, যেনে- ফ্ৰান্সৰ ছেইন নদী আৰু ইংলেণ্ডৰ ছ নদী। অতিৰিক্ত তথ্য বিষ্ঠা মল তথ্য সংগ্ৰহ বাহ্যিক সংযোগ মানৱ
63086
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BE%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%8B%E0%A6%B2%20%E0%A6%AA%E0%A6%BF%E0%A6%9F%E0%A6%BE%20%E0%A6%89%E0%A7%8E%E0%A6%B8%E0%A7%B1
বাম্বোল পিটা উৎসৱ
বাম্বোল পিটা উৎসৱ ভাদ মাহৰ পূৰ্ণিমা তিথিত নামনি অসমৰ দৰং জিলাৰ বিভিন্ন অঞ্চলৰ লগতে বাক্সা, তামুলপুৰ আদি এক বিস্তীৰ্ণ অঞ্চলত মহখেদা উৎসৱৰ শাৰীৰ এটা জনপ্ৰিয় উৎসৱ হ’ল বাম্বোল পিটা। মহোহোৰ দৰে এই উৎসৱতো উক্ত অঞ্চলৰ ডেকাহঁতে হাতত টোকোন, টকা পেঁপা আৰু হুলাবাৰি লৈ ঘৰে ঘৰে গৈ গীত গাই নৃত্য কৰে আৰু হাতত নিয়া টোকোন আৰু হুলাবাৰিৰে চোতালত খুন্দিয়াই গৃহস্থৰ পৰা পা-পইচা আদায় কৰে। এই উৎসৱ গোটেই শুক্লপক্ষ জুৰি চলে। অৱশেষত সংগৃহীত ধনেৰে প্ৰীতিভোজ খায়। এই উৎসৱৰ মাজেদি গাঁৱলীয়া চহা জীৱনৰ মুকলিমূৰীয়া ছবি এখন প্ৰকাশিত হয়। ভাদ মাহত ৰাইজৰ ধান খেতিৰ ৰোৱা শেষ হয়। ৰবি শস্যৰ কাম আৰম্ভ হ’বলৈও সময় থাকে। গতিকে খেতিয়কসকলে মুকলি মনেৰে কেইটামান দিন আনন্দ উৎসৱ কৰাৰ সুযোগ পায়। বাম্বোল পিটা উৎসৱটোৰ নামকৰণক লৈ বিভিন্ন মত প্ৰচলিত হৈ থকা দেখা পোৱা যায়। কোনো কোনোৰ মতে এই শব্দটোৱে ১৮৬৪-১৮৬৬ চনত সংঘটিত ব্ৰিটিছ আৰু ভূটীয়া ৰজাৰ মাজত হোৱা ৰণৰ স্মৃতি বহন কৰে। এই ৰণত ব্ৰিটিছৰ সেনাধ্যক্ষ আছিল কৰ্ণেল কেম্ববেল। তেওঁৰ নিৰ্দেশত ভূটান আৰু বৰ্তমানৰ বাক্সা অঞ্চলৰ বহুলোকৰ প্ৰাণ লোৱা হৈছিল। এই ঘটনাই স্থানীয় লোকক বিদ্ৰোহী কৰি তুলিছিল। ভূটীয়া ৰজাৰ লগতে স্থানীয় লোকেও কেম্পবেল চাহাবক পিটিবলৈ টাঙোন বা টোকোন লৈ যুদ্ধত যোগ দিছিল। কেম্পবেল চাহাবৰ নামটো স্থানীয় লোকৰ মুখত পৰি ভুলকৈ "বাম্বেল" বা "বাম্বোল" বুলি উচ্চাৰিত হোৱাত সিয়েই পিছলৈ "বাম্বোলপিটা" নামে পৰিচিত হয় বুলি জনশ্ৰুতিয়ে কয়। এনে পৰিস্থিতিৰ পৰাই বাম্বোল পিটা উৎসৱ আৰু বাম্বোল পিটা গীতৰ জন্ম হোৱা বুলি জনশ্ৰুতিৰ প্ৰচলন আছে। কিন্তু প্ৰকৃততে বাম্বোলৰ অৰ্থ হ’ল "বাম্" মানে বাঁহ আৰু "বোল" মানে টুকুৰাই কোৱা বা গোৱা। অৰ্থাৎ দীঘল বাঁহ এডালত সৰু বাঁহৰ টুকুৰাৰে কোবাই কোবাই গোৱা গীতকেই বাম্বোল পিটা গীত বুলি কোৱা হয়। অসমৰ বিভিন্ন ঠাইত বিভিন্ন জনগোষ্ঠীৰ মাজত দেখিবলৈ পোৱা বিভিন্ন উৎসৱৰদৰে বাক্সা জিলাৰ তামুলপুৰতো এই 'বাম্বোলপিটা' বা 'হেপৰপিটা' উৎসৱ এসময়ত বহুল প্রচলিত আছিল। এই উৎসৱ তামুলপুৰত প্ৰতিবছৰে ভাদ মাহৰ পূৰ্ণিমা তিথিত অনুষ্ঠিত হয় আৰু ৫ দিন ধৰি চলে। বাম্বোলপিটিব অহা ল’ৰাবোৰে নিশা চিনিব নোৱাৰাকৈ মূৰত মথুৰা পাগ মাৰি বাম্বোলপিটা গীতৰ তালে তালে ছেও ধৰি নাচে। দলটোৰ এজনে ওজা হৈ গীত লগাই দি থাকে আৰু বাকীবোৰে তেওঁৰ পিছে পিছে মাটিত টোকোনেৰে তাল ৰাখি ঘূৰি ঘূৰি গায়। এনেদৰে গীতৰ শেষত দলৰ আটায়ে এক নিৰ্দিষ্ট সময়ৰ মূৰত টোকোনেৰে তিনিবাৰ মাটিত গুৰিয়াই গীতৰ সামৰণি মাৰে। ভাদ মাহৰ পূৰ্ণিমা তিথিৰ দিনা আৰম্ভ কৰি পঞ্চমী তিথিৰ দিনা এই উছৱৰ সামৰণি মাৰে। সামৰণিৰ দিনা ল'ৰাবোৰে ঘৰে ঘৰে গীত-পদ গাই তোলা চাউল-পইচাৰে পথাৰত ‘লগ ভাত' খায়। মূলতঃ এই উৎসৱ পালন কৰা হয় আনন্দৰ বাবে। বাম্বোলপিটা গীত বাম্বোলপিটা গীতবোৰ বাম্বোলপিটা উৎসৱৰ সময়ত গোৱা হয়। তামুলপুৰত প্ৰচলিত বাম্বোলপিটা গীতবোৰ প্ৰধানকৈ তিনিটা ভাগত ভগাব পাৰি। নিচুকনি গীত, বিহুগীত আৰু বিয়াগীতৰ পৰ্যায়ৰ গীত বাম্বোলপিটা গীতবোৰ কেনেদৰে গাব লাগে তলত এটি গীতৰ উদাহৰণেৰে বুজাই দিয়া হ'ল- মনিয়া বেহাৰৰ তেল হৰি হৰি মনিয়া বেহাৰৰ তেল মনিয়া বেহাৰৰ তেল। (মূলগীত) ওহো, ভাঙিও নপৰে ওহো, ছিঙিও নপৰে এনেহে তামুলপুৰীয়া মেল কি আইহাঁত ও বোলে বাইহাঁত ও বোলে বাম্বোল বাম্বোল পিটিব যাং (যাওঁ) (শেষৰছোৱা) ও হুৰে, ও হুৰে, ও হুৰে। প্ৰতিটো গীতৰ অন্তত আনুষংগিকভাৱে উক্ত গীতটোৰ শেষৰছোৱা জোৰা লগাই সমস্বৰে গাব লাগে। গোৱাৰ সময়ত কথাখিনি সকলোৱে মনত ৰাখিব লাগে। প্ৰতিটো গীতৰে দ্বিতীয় ফাকিৰ শাৰী দুটাৰ আৰম্ভণিত থকা ‘ওহো' শব্দটো সুৰব্যঞ্জক ধ্বনি মাথোন। তেনেদৰে প্ৰতিটো গীতৰ শেষতেই “আইহাঁত ও বোলে, বাইহাঁত ও বোলে, বাম্বোল, বাম্বোল পিটিব যাং। ও হুৰে, ও হুৰে, ও হুৰে” ফাকিটো সংযোজিত হয়। এই ফাকিটো মূল গীতৰ অংশ নহয়, সুৰব্যঞ্জক ধ্বনি মাথোন। তলত দুটিমান তামুলপুৰীয়া বাম্বোলপিটা গীত আগবঢ়ালো– (১) নিগনি এ কি আধাৰ খোৱা শহুৰে আইভা লাগছে মূৰ দাঙি চোৱা আহক বা নাহক নকৰং ভয় লেটুং দাঙি দাঙি নাচিম মই এক চৰিয়া কাৰে গুৰা দুই চৰিয়া পানী কি সুখে খাবি তই বাপেৰ গোসাঁনী। ধুন ধুন বাদুলী একবেলা কান্দে মায়েকৰ ঘৰত যাবা নাপাই টালি-টপলা বান্ধে কি আইহাঁত ও বোলে বাইহাঁত ও বোলে বাম্বোল বাম্বোল পিটিব যাং (যাওঁ) ও হুৰে, ও হুৰে, ও হুৰে। (২) সিং জাতি কোকৰা ছাগল জাতি ভোবৰা বাৰী বাৰী চুৱাপাত খায় বাৰী বাৰী চুৱাপাত খায়। ওহো, ছাগাল বুলি নাজানলু ওহো, মই ফৰমত মাৰিলো লোকৰ ছাগাল খোৰাই খোৰাই যায় কি আইহাঁত ও বোলে বাইহাঁত ও বোলে বাম্বোল বাম্বোল পিটিব যাং (যাওঁ) ও হুৰে, ও হুৰে, ও হুৰে। তথ্য সংগ্ৰহ ২. সাহিত্যিক ত্ৰিদশ পাঠকৰ 'দৈনিক অসম' কাকতৰ ৮ ডিচেম্বৰ, ১৯৬৮ চন, সংখ্যাৰ দেওবৰীয়া আলোচনীত প্ৰকাশিত 'তামুলপুৰীয়া চহাগীত বাম্বোলপিটা' শীৰ্ষক প্ৰবন্ধ লগতে ‘ত্ৰিদশ পাঠক ৰচনা সমগ্র’ গ্ৰন্থখনত সন্নিবিষ্ট বাম্বোলপিটা বিষয়ক প্ৰবন্ধসমূহ অসমৰ
38199
https://as.wikipedia.org/wiki/%E0%A7%A7%E0%A7%AE%20%E0%A6%A1%E0%A6%BF%E0%A6%9A%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0
১৮ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা- ঘটনাৱলী ১৯৫৮ বিশ্বৰ প্ৰথমটো দূৰ-সংযোগ উপগ্ৰহ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা এটলাচ নামৰ ৰকেটৰ দ্বাৰা উৎক্ষেপণ কৰা হয়। ১৯৭৬ মৌলিক কৰ্তব্য সমূহে ভাৰতৰ সাংবিধানিক আইন হিচাপে মৰ্যাদা লাভ কৰে। ২০০৬ সংযুক্ত আৰৱ আমিৰাতত প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। ২০১৪ ভাৰতী মহাকাশ গৱেষণা সংস্থা (ইছৰ')য়ে নিজৰ ভৱিষ্যৎ প্ৰজন্মৰ প্ৰক্ষেপণ বাহন ৰ পৰীক্ষামূলক উৰণ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা সফলতাৰে সমাপ্ত কৰে। ইয়াৰ উপৰিও (ইছৰ')য়ে নিজৰ মহাকাশ যাত্ৰী কঢ়িয়াই নিব লগীয়া ম'দ্যুল (চমুকৈ ইংৰাজীত ৰ পৰীক্ষা সম্পন্ন কৰে। ২০১৮ বিশ্ব চলচ্চিত্ৰ জগতত অসম আৰু অসমীয়াৰ নাম খোদিত কৰিও একাডেমী এৱাৰ্ডৰ দৌৰত থমকিবলগীয়া হয় ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্চ। ২০১৯ অসমৰ দুগৰাকী ব্যক্তিলৈ ২০১৯ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ঘোষণা। অসমীয়া ভাষাৰ উপন্যাস চাণক্য গ্ৰন্থৰ বাবে ড° জয়শ্ৰী গোস্বামী মহন্তলৈ আৰু বড়ো ভাষাৰ কবিতা পুথি আখাই আথুমনিফ্ৰাই গ্ৰন্থৰ বাবে ড° ফুকন চন্দ্ৰ বসুমতাৰীলৈ এই বঁটা আগবঢ়োৱা হয়। ২০২০ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ২০২০ বৰ্ষৰ বীৰংগনা সতী সাধনী বঁটা অসমৰ বিশিষ্ট সমাজসেৱিকা মিনতি বৰঠাকুৰক দিয়াৰ কথা ঘোষণা কৰে। ২০২১ গুৱাহাটী ৰবীন্দ্ৰ ভৱনত ১১১ সংখ্যক অসমৰ জাতীয় সংগীত ইতিহাস মহোৎসৱৰ সামৰণি অনুষ্ঠান। ২০২২ কাটাৰত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপ ২০২২ বৰ্ষৰ চূড়ান্ত খেলখন আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ মাজত হয় আৰু আৰ্জেণ্টিনা বিজয়ী হয়। জন্ম ১৭৫৬ ঘাসীদাস বাবা, সৎনাম ধৰ্মৰ প্ৰৱৰ্তক তথা সৎনামী সমাজৰ গুৰু। সৰুৰে পৰা তেওঁ সমাজত প্ৰচলিত পশু বলি আৰু অন্যান্য অশুভ প্ৰথাৰ বিৰোধিতা কৰিছিল। তেওঁ সমাজক এক নতুন দিশ প্ৰদান কৰাত এক অতুলনীয় অৱদান আগবঢ়াইছিল। তেওঁ জীৱনটো সত্যৰ পথত আগবাঢ়ি যোৱাটোৱেই গুৰু ঘাসীদাসৰ জীৱনৰ চূড়ান্ত লক্ষ্য আছিল। গুৰু ঘাসীদাসে "সৎনাম" (অৰ্থাৎ "সত্য") আৰু সমতাৰ ওপৰত আধাৰিত কৰি মালৱাত সৎনামী সম্প্ৰদায় স্থাপন কৰিছিল। গুৰুৰ শিক্ষা আৰু দৰ্শন শিখ ধৰ্মৰ সৈতে একে। গুৰু ঘাসীদাসে "জয়ৎখাম্ভ" নামৰ সত্যৰ প্ৰতীক এটা সৃষ্টি কৰিছিল বগা ৰং দিয়া কাঠৰ ওপৰত বগা পতাকা। গাঁথনিটোৱে এজন বগা মানুহক সূচায় যি সত্যঅনুসৰণ কৰে "সৎনাম" সদায় স্থিৰ আৰু সত্যৰ স্তম্ভ। বগা পতাকাই শান্তি ৰক্ষা কৰে। মৃত্যু ১৮৫০। ১৮৫৬ জোছেফ জন টমছন, ব্ৰিটিছ পদাৰ্থবিজ্ঞানী আৰু ১৯০৬ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী। পাৰমাণৱিক কণা ইলেক্ট্ৰনৰ আৱিষ্কাৰক। এইটোৱেই আৱিষ্কাৰ হোৱা প্ৰথম উপ-পাৰমাণৱিক কণা। টমছন এজন শিক্ষকো আছিল আৰু তেওঁৰ কেইবাজনো গৱেষক ছাত্ৰই ন'বেল বঁটা লাভ কৰিছিল। মৃত্যু ৩০ আগষ্ট, ১৯৪০। ১৮৮৫ অম্বিকাগিৰি ৰায়চৌধুৰী, অসমীয় কবি, গীতিকাৰ, গায়ক, গদ্য-লেখক, সংবাদ-সেৱী, আলোচনী সম্পাদক, সমাজ-সেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী। তেওঁক অসম কেশৰী নামেৰেও জনা যায়। ১৯২১ চনত অসহযোগ আন্দোলনত যোগ দি দুবছৰ জেল খাটে। জেলত থকা সময়ছোৱাত বহুতো গীত লিখিছিল যিবোৰ পাছত ড° বাণীকান্ত কাকতি আৰু বিৰিঞ্চি কুমাৰ বৰুৱাই ইংৰাজীলৈ অনুবাদ কৰি ১৯৪২ চনত নামেৰে প্ৰকাশ কৰিছিল। ১৯২৬ চনত পাণ্ডুত বহা কংগ্ৰেছৰ মহাসভাৰ বাবে তেওঁৰ বিখ্যাত গীত বন্দো কি ছন্দেৰে ৰচনা কৰে। ১৯২৭ চনত গুৱাহাটী সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰে আৰু সেই একে বছৰতে তেখেত আছিল অসমীয়া সংৰিক্ষণী সভা প্ৰতিষ্ঠা কৰে। ১৯৩২ চনত ইয়েই অসম জাতীয় মহাসভালৈ পৰিণত হয়। অসমক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ উদ্দেশ্যে ১৯২৭ চনত গুৱাহাটীত কামৰূপ মায়াবিনী কেমিকেল ৱৰ্কচ প্ৰতিষ্ঠা কৰে। তেওঁৰ ৰচনাসমূহৰ ভিতৰত— "ডেকা ডেকেৰীৰ বেদ(১৯৪২)", "আহুতি(১৯৫৪)", "অনুভূতি (১৯৫৪)", "বেদনাৰ উল্কা(১৯৬৪)", "মোৰ জীৱন ধুমুহাৰ এছাটি(১৯৭৩)" ইত্যাদি। মৃত্যু ২ জানুৱাৰী, ১৯৬৭। ১৯৪৬ ষ্টীভেন এলেন স্পিলবাৰ্গ, এগৰাকী আমেৰিকা চিত্ৰনাট্য লেখক, হলীউড চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক। নিউ হলীউড যুগৰ এজন মুখ্য ব্যক্তি আৰু আধুনিক ব্লকবাষ্টাৰৰ পথপ্ৰদৰ্শক। তেওঁ হলীউডৰ সৰ্বকালৰ আটাইতকৈ ব্যৱসায়িকভাৱে সফল পৰিচালক। স্পিলবাৰ্গে এতিয়ালৈকে তিনিটাকৈ অস্কাৰ বঁটা, এটা কেনেডি চেণ্টাৰ সন্মান, এটা চেচিল বি ডিমিল বঁটা আৰু এটা এএফআই লাইফ এচিভমেণ্ট বঁটা। ইতিমধ্যে তেওঁৰ সাতখন চলচ্চিত্ৰ লাইব্ৰেৰী অৱ কংগ্ৰেছৰ দ্বাৰা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পঞ্জীত অন্তৰ্ভুক্ত কৰা হৈছে। ১৯৯৩ চনৰ ৯ জুনত স্পিলবাৰ্গৰ পৰিচালনাত মুক্তি পোৱা বিজ্ঞান কল্পকাহিনীৰ থ্ৰিলাৰ চলচ্চিত্ৰ জুৰাচিক পাৰ্ক সেই সময়ত সৰ্বাধিক উপাৰ্জন কৰা চলচ্চিত্ৰ আছিল। এইখন চলচ্চিত্ৰ হলোকষ্ট আৰু চিণ্ডলাৰৰ নাটক তালিকাত (দুয়োখন ১৯৯৩) অন্তৰ্ভূক্ত হোৱা চলচ্চিত্ৰসমূহৰ ভিতৰত এখন আছিল। ১৯৭১ বৰ্খা দত্ত, এগৰাকী ভাৰতীয় দূৰদৰ্শনৰ সাংবাদিক আৰু লেখক। তেওঁ এনডিটিভি আৰু তিৰাঙ্গা টিভিত প্ৰতিবেদক আৰু বাতৰি সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বৰ্তমান তেওঁ 'মোজো ষ্টৰী' নামৰ নিজৰ ডিজিটেল সংবাদ চেনেল চলায়। তেওঁ হিন্দুস্তান টাইমছ আৰু দ্য ৱাশ্বিংটন পোষ্টৰ এগৰাকী স্তম্ভলেখক। ১৯৯৯ চনত সংঘটিত হোৱা ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ সংবাদ পৰিবেশনৰ এগৰাকী আগশাৰীৰ প্ৰতিবেদক আছিল। বৰ্খা দত্তক ভাৰতীয় চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়। মৃত্যু ১৬৪৫ নুৰ জাহান, মোগল সম্ৰাট জাহাঙ্গীৰৰ বিংশতম তথা শেষৰগৰাকী পত্নী ২০১৩ যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, এগৰাকী অসমীয়া শিক্ষাবিদ, সাহিত্যিক আৰু সাংবাদিক। নগাঁও জিলাৰ জখলাবন্ধা অঞ্চলৰ বাসিন্দা বৰগোহাঞিয়ে জে বি কলেজত অৰ্থনীতিৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। ১৯৯২ চনত তেওঁ গুৱাহাটীলৈ আহে আৰু এখন স্থানীয় দৈনিক বাতৰি-কাকতত সম্পাদক হিচাপে যোগদান কৰে। তেতিয়াৰ পৰা, তেওঁ কেইবাটাও সংবাদ প্ৰতিষ্ঠানত সেৱা আগবঢ়াইছিল। শেহতীয়াকৈ তেখেতে চহৰ ভিত্তিক এখন অনলাইন কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত আৰু বৰগোহাঞিৰ দ্বাৰা বঙালী ভাষাৰ পৰা অনূদিত দেৱীপ্ৰসাদ চট্ট্যোপাধ্যায়ৰ 'লোকায়ত দৰ্শন' নামৰ গ্ৰন্থখনৰ বাবে তেওঁ ২০০৯ চনৰ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰে। ৪৫খনকৈ গ্ৰন্থ ৰচনা কৰা বৰগোহাঞিয়ে ১৫০টাতকৈও অধিক গল্প কেইবাটাও ভাষাত ৰচনা কৰিছিল। তেওঁৰ কেইখনমান গ্ৰন্থৰ নাম হ'ল "অসমৰ অৰ্থনৈতিক ইতিহাস", "অসমৰ সাংস্কৃতিক ইতিহাস ১৯৯১ চনত এই গ্ৰন্থৰ বাবে বিষ্ণু ৰাভা বঁটা)", "অসমৰ উৎসৱ আৰু পূজা", "অসমৰ সাংস্কৃতিক ইতিহাস- প্ৰথম খণ্ড", "অসুৰ সভ্যতাৰ পৰা গোলকীয় দুষ্কৃতিলৈ", মুংডুন চুন খাম এটি সপোনৰ নাম", "ইকেৰাচৰ ডেউকা", "পৃথিৱীৰ মৰম", "একুৰিয়ামত বন্দী মাছ" ইত্যাদি। জন্ম ৮ ছেপ্তেম্বৰ, ১৯৫০। ২০২১ ড° নন্দিনী বৰুৱা শৰ্মা, এগৰাকী অসমৰ আন্তৰ্জাতিক টেবুল-টেনিছ খেলুৱৈ। ১৯৭০ চনৰ সময়ছোৱাত খুব কম বয়সতে ৰাজ্যিক স্তৰৰ টেবুল-টেনিছ প্ৰতিযোগিতাত ছোৱালী আৰু মহিলা শাখাত চেম্পিয়ন হৈ নিজৰ পাৰদৰ্শিতা দাঙি ধৰিছিল। ১৯৭৪ চনৰ টেবুল-টেনিছ প্ৰতিযোগিতাত ছোৱালীৰ শাখাত পদ্মাৱতী ট্ৰফী বিজয়েৰে উচ্চ সন্মান বুটলিছিল। তেওঁ হৈছে জাপানত অনুষ্ঠিত হোৱা এছিয়ান চেম্পিয়নশ্বিপ টেবুল-টেনিছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ। দিছপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা বৰুৱা শৰ্মাই অসম টেবুল-টেনিছ সংস্থা আৰু অল ইণ্ডিয়া টেবুল-টেনিছ ফেডাৰেচনৰ উপ-সভাপতি পদতো কাৰ্যনিৰ্বাহ কৰিছিল। দিৱস জাতীয় চেতনা দিৱস। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ প্ৰতি সন্মান জনাই ১৮ ডিচেম্বৰৰ পৰা ০২ জানুৱাৰীলৈ অসমীয়া জাতীয় জীৱন সংগঠন পষেক পালন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় প্ৰবজনকাৰী দিৱস, ৰাষ্ট্ৰসংঘৰ উদ্যোগত পৃথিৱীৰ বিভিন্ন দেশত এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় দিৱস(কাটাৰ)। গণতন্ত্ৰ দিৱস(নাইজাৰ)। তথ্য সংগ্ৰহ (১) শিৱনাথ বৰ্মন, অসমীয়া জীৱনী অভিধান, চতুৰ্থ বনলতা সংশোধিত সংস্কৰণ, ২০১৮।(২) দি আছাম ট্ৰিবিউন বাতৰি কাকত।(৩) অসমীয়া প্ৰতিদিন বাতৰি কাকত, ২০১৮, ২০১৯, ২০২০ আৰু ২০২১ বৰ্ষৰ ১৮ ডিচেম্বৰৰ সংখ্যাকেইটা।'' বাহ্যিক সংযোগ বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা দ্য নিউয়ৰ্ক এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা ইছৰ'ৰ প্ৰেছ
58904
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A7%82%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A7%80%E0%A6%AE
ৰূপালীম
ৰূপালীম হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত তৃতীয়খন সম্পূৰ্ণ নাটক। ১৯৩৬ চনত ৰচিত এই নাটখনিত সাতটাকৈ অংক আছে। ১৯৩৭ চনত এই নাটখন প্ৰথমতে তেজপুৰৰ বাণ ৰঙ্গমঞ্চত মঞ্চস্থ কৰা হয়। কিছু সংশোধনৰ পিছত এই নাটখন ডিব্ৰুগড়ৰ ড্ৰামাটিক আৰ্ট ছোছাইটীয়ে ডিব্ৰুগড়ত দুবাৰকৈ অভিনয় কৰে। এই ৰোমাণ্টিক বিয়োগান্তক নাটখন জ্যোতিপ্ৰসাদৰ অন্যতম শ্ৰেষ্ঠ শিল্প বুলি অভিহিত কৰা হয়। পটভূমি ৰূপালীম নাটৰ পৰিঘটনা সংঘটিত হৈছে দুই কাল্পনিক ৰাজ্য ৰূকমী আৰু প্ৰান্তৰ ভূমিখণ্ডত। ৰূপালীম ৰূকমী ৰাজ্যৰ অতীৱ সুন্দৰী যুৱতী আৰু চফল ডেকা মায়াব' তেওঁৰ পাণিপ্ৰাৰ্থী। এক বাঘ চিকাৰক লৈ হোৱা সংঘাতৰ ফলস্বৰূপে প্ৰান্ত দেশৰ ৰজা মণিমুগ্ধই ৰূপালীমক দেখা পাই আৰু বলপূৰ্বক অপহৰণ কৰি লৈ যায়। ইপিনে মণিমুগ্ধৰ পৰাক্ৰমত ত্ৰস্তমান ৰূকমী ৰাজ্যৰ ৰজাই এই বিষয়ে অৱগত হৈও একো পদক্ষেপ নোলোৱাত তেওঁৰ ভনী তথা মণিমুগ্ধৰ বাকদত্তা ইতিভেনে শাসনৰ জৰী নিজৰ হাতত লৈ মণিমুগ্ধৰ ৰাজ্য আক্ৰমণ কৰে। মণিমুগ্ধৰ সেনাপতি ৰেণথিয়াঙে সকলোকে পৰাস্ত কৰে আৰু ৰূকমী দেশৰ বহু ঘৰ-দুৱাৰ জ্বলাই দিবলৈ সেনা পঠিয়াই। মণিমুগ্ধই ৰূপালীমক তাইৰ দেহা আত্মসমৰ্পণ কৰিলে মায়াব' আৰু জুনাফাক মুকলি কৰি দিম বুলি চৰ্ত ৰাখে আৰু ৰূপালীম মান্তি হয়। সেইমতে সকলোকে মুকলি কৰি দিয়া হয় আৰু ৰূপালীম মণিমুগ্ধৰ ওচৰলৈ যায়। কিন্তু ৰূপালীমৰ সততাত মুগ্ধ হৈ মণিমুগ্ধই তাইৰ দেহ স্পৰ্শ নকৰে। ৰূপালীম ৰূকমী ৰাজ্যলৈ ঘূৰি যোৱাৰ পিছত সকলোৱে তাইক অসতী বুলি ঘৃণা কৰে আৰু ৰাজকুঁৱৰী ইতিভেনে ঈৰ্ষাপৰায়ণ হৈ ৰূপালীমক হত্যা কৰি জ্বলাই দিয়ে। চৰিত্ৰসমূহ মণিমুগ্ধ প্ৰান্ত দেশৰ অধিপতি ৰেণথিয়াং মণিমুগ্ধৰ সেনাপতি ৰূকমীৰাজ ৰূকমী ফৈদৰ ৰজা মায়াব’ এজন বলিষ্ঠ ৰূকমী ডেকা ৰিমু আন এজন ৰূকমী ডেকা জুনাফা এজন ৰূকমী বুঢ়া ইতিভেন ৰূকমীৰাজৰ ভনীয়েক ৰূপালীম ৰূপহী ৰূকমী গাভৰু, জুনাফাৰ জীয়েক লিগিৰী, নাচনী, ৰূকমী গাভৰু, প্ৰজা, সৈন্য-সামন্ত, বিষয়া-ডাঙৰীয়া আদি। চৰিত্ৰবিন্যাস ৰূপালীম ৰূপালীম চৰিত্ৰটিৰ ওপৰত নাট্যকাৰে পৰ্বতীয়া সৰলতা আৰোপ কৰিছে। প্ৰেমিকৰ প্ৰতি প্ৰেম প্ৰকাশত তাইৰ এক পাৰ্বত্য স্বাভাৱিকতা আছে। ৰূপালীম কেতিয়াও নিজৰ ৰূপক লৈ গৌৰৱান্বিত নহয়। কেতিয়াও তাই মণিমুগ্ধক নিজৰ কোনো দুৰ্বল দিশ দেখুওৱা নাই। নিজৰ সন্মান ৰক্ষাৰ বাবে তাই শেষলৈকে যুঁজিছে। শেষত যদিও তাই আত্মসমৰ্পণ কৰিছে, তাই মণিমুগ্ধৰ সৈতে বিনিময় কৰিছে নিজ মাতৃভূমিৰ ভৱিষ্যত তথা ৰাজ্যবাসী আৰু পিতৃ তথা প্ৰেমিকৰ জীৱন। ৰূপালীমে সহজ মহত্ত্বৰে চৰম মূল্য দিও ব্যক্তিগত প্ৰেমৰ সংকীৰ্ণতা অতিক্ৰম কৰিছে। ৰূপালীমৰ এই পদক্ষেপ অতি সাহসী আৰু আত্মত্যাগী। কিন্তু নিজ ৰাজ্যবাসী, নিজ পিতৃয়েই ৰূপালীমক প্ৰত্যাখ্যান কৰিছে। ইতিভেন ইতিভেনৰ চৰিত্ৰটি বহুত জটিল। তাই কৌশলী, ঈৰ্ষাপৰায়ণ আৰু প্ৰতিশোধপৰায়ণ। ইতিভেনে বহু সমযত ৰূপালীমৰ পৰা নায়িকাৰ পদ কাঢ়ি নিব খোজে। মণিমুগ্ধই যি জুইৰে ৰূকমী ৰাজ্য পুৰি ছাৰখাৰ কৰিলে দৰাচলতে সেয়া ইতিভেনৰ ইৰ্ষাৰ জুই। প্ৰথমাৱস্থাত ইতিভেনৰ প্ৰেম সৰল আছিল। কিন্তু ৰজাৰ বাকদত্তা ইতিভেনে ৰূপালীমৰ দৰ সাধাৰণ ছোৱালী এজনীৰ ওচৰত নিজৰ পৰাজয স্বীকাৰ কৰিব নোৱাৰিলে। কিছু ক্ষেত্ৰত তেওঁক লেডী মেকবেথৰ লগত ৰিজাব পাৰি কাৰণ লেডী মেকবেথেও স্বামীয়ে জগাই তোলা উচ্চাকাংখ্যা পূৰণ কৰিবলৈ উগ্ৰমূৰ্ত্তি ধাৰণ কৰিছিল। অৱশ্যে ইতিভেনৰ ক্ষেত্ৰত এই কুটিল ৰূপৰ কাৰণ আছিল তাইৰ আহত আত্মসন্মান। মণিমুগ্ধ মণিমুগ্ধৰ দৰে চৰিত্ৰ সেই সময়ৰ সাহিত্যত নতুন। চৰিত্ৰ সৃষ্টি হিচাপে ই অনন্য সাধাৰণ। নাটখনৰ সামন্তযুগীয় পৰিৱেশত মণিমুগ্ধৰ দৰে নিষ্ঠুৰ নৃপতি ব্যতিক্ৰম নহয়। মণিমুগ্ধক ৰোম সম্ৰাট নিৰোৰ লগত তুলনা কৰা হৈছে কাৰণ তেওঁ চুবুৰীয়া ৰাজ্য জলাই ছাৰখৰ কৰি নিজে ফটিকাৰ ৰাগিত ৰূপালীমৰ ওচৰত প্ৰেম নিবেদন কৰি আছিল। ৰূপালীমৰ ৰূপত আসক্ত বুলিলেও মণিমুগ্ধই ইতিভেনক ভাল পাঁও বুলি কৈছে। তেওঁৰ এই চৰিত্ৰও কোনো অচিনাকি অভ্যাস নহয়। কিন্তু মণিমুগ্ধই ৰূপালীমক অপহৰণ কৰি আনি শৰীৰ স্পৰ্শ কৰা নাই। মনিমুগ্ধৰ চৰিত্ৰৰ এই দিশৰ মাজেৰে তেওঁৰ আত্মিক অনুভূতি আৰু মানসিক সৌন্দৰ্যৰ চিনাকি দি নাট্যকাৰে তেওঁক সাধাৰণ চৰিত্ৰৰ উৰ্ধত ৰাখিলে। মণিমুগ্ধই কৈছে যে ৰূপালীমক অপহৰণ কৰাৰ সময়ত তেওঁ এটা বিচা আছিল আৰু ৰূপালীমৰ প্ৰেমত পৰি তেওঁ এটা পখিলা হৈছে। পিছলৈ মণিমুগ্ধই তেওঁৰ কামুক, অত্যাচাৰী ব্যক্তি হৈ থকা নাই। ৰূপালীমক সসন্মানে মুকলি কৰি দি মণিমুগ্ধই যি অনুভূতি প্ৰৱণতা দেখাইছে সেয়া সমকালীন সাহিত্যত এক নতুন পদক্ষেপ। শৈলী ৰূপলীম এখনি ৰূপকধৰ্মী নাট। প্ৰথম অংকৰ আৰম্ভণিৰ পৰাই ৰূপালীম এটো ৰোমাণ্টিক কাহিনী। প্ৰথম দৃশ্যত ৰূপালীম আৰু মায়াব'ৰ অন্তৰংগতাই নাটখনৰ পথ সুনিৰ্দিষ্ট কৰি থৈছে। আকৌ পিতৃৰ বাধা সত্ত্বেও ৰূপালীমে মায়ব'ক আপোন কৰিব বিচাৰিছে যাৰ দ্বাৰা নাট্যকাৰে বুজাব খুজিছে যে সামাজিক অনুষ্ঠান আৰু অনুশাসনে বান্ধি ৰাখিলেও প্ৰেমৰ সীমনা নাই। কিন্তু সৌন্দৰ্য আৰু প্ৰেমৰ এই উদাৰতাৰ বিপৰীতে বলী আৰু অত্যাচাৰীৰ আগ্ৰাসী অভিযানৰ কথাও ৰূপালীমত আছে। কেৱল ভোগৰ বাবে সৌন্দৰ্যৰ অন্বেষনত থকা নিৰ্মম হৃদয়ৰ কথাও ৰূপালীমত নাট্যকাৰে কৈছে। কিন্তু ৰূপালীম অকল প্ৰেম-বিৰহ-হিংসাৰ নাটক নহয়। সেই সময়ৰ সাম্ৰাজ্যবাদী উপদ্ৰৱ,অন্যায়-অবিচাৰ সম্পৰ্কে জ্যোতিপ্ৰসাদে যি চেতনা অৰ্জন কৰিছিল সিয়ে নাটকৰ কাহিনীৰ ওপৰত ৰেখাপাত কৰিছে। ৰূপালীমৰ আত্মত্যাগে মণিমুগ্ধৰ লালসাক জয় কৰি তেওঁক মহত্ত্বৰ স্তৰলৈ উন্নীত কৰিছে। গান্ধীজীয়ে নাট্যকাৰৰ মনোজগত দখল কৰি থকাৰ ইয়ে প্ৰমাণ কঢ়িয়াইছে। মণিমুগ্ধৰ ৰূপান্তৰে নাটখনিৰ বাবে সঁচাৰকাঠি স্বৰূপ। ৰূপালীম নাটত বেলজিয়ামৰ নাট্যকাৰ মৌৰিচ মেটাৰ্লিংকৰ নাট মন্নভেন্না প্ৰভাৱ পৰা বুলি নাট্যকাৰে পাতনিত উল্লেখ কৰিছে। কিন্তু মন্নাভেন্না এখন স্থৈতিক নাট। তাৰ নাটকীয় গতিশীলতা কম। আনহাতে ৰূপালীম অতি নাটকীয় ক্ৰিয়াৰে পূৰ্ণ আৰু খৰ গতিৰ। নাট্যকাৰে এই ৰোমাণ্টিক ট্ৰেজেডিখন স্বকীয় বৈশিষ্ট্যৰে এক মৌলিক সৃষ্টি কৰি তুলিব পাৰিছে। গীত কথাচিত্ৰৰ ভাষাত জ্যোতিপ্ৰসাদৰ নাটকত গীতৰ ব্যৱহাৰক )ৰ লগত তুলনা কৰিব পাৰি। শ্বেইকছপীয়েৰৰ নাটৰ গীতৰ দৰেই ই গভীৰ আৰু ব্যঞ্জনাময়। নাটকৰ প্ৰথম দৃশ্যতেই ৰূপালীম আৰু মায়াব'ই প্ৰেমালাপত নিমগ্ন হোৱাৰ আগত আৰম্ভণি গীত বাজিছে- এই গীতে সমাজৰ বাধা নামানি প্ৰবাহমান গতিত বৈ থকা প্ৰেমৰ নৈ খনৰ কথা কৈছে। ঠিক তেনেদৰে মণিমুগ্ধৰ হৃদয় পৰিৱৰ্তন হোৱাৰ সময়ত নাট্যকাৰে কোনো দীঘল,নাটকীয় সংলাপ দিয়া নাই। বৰং গীত বাজিছে- অন্য কোনো সংলাপ বা স্বগতোক্তিতকৈ এই গীতে অধিক কথা বহন কৰিছে। নাটকখনৰ গীত সমূহ হ'ল- জিৰ জিৰ জিৰ জিৰ নিজৰি জিলিকা পাখিৰে অ’ সোণ ম’ৰা চৰাই অ’ সখি আজি যৌৱন বন জুৰি জয় আলোকময় তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ৰূপালীম (১৯৪৮) অসমীয়া ৱিকিউৎসত পঢ়ক ৰূপালীম অসমীয়া
5015
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%A4%E0%A7%8D%E0%A7%B0
সত্ৰ
"সত্ৰ" হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে স্থাপন কৰা এক অনুষ্ঠান। ইষ্টদেৱতাক উপাসনা কৰা, ধৰ্মীয় তত্ত্ব চৰ্চা কৰা আৰু প্ৰসাৰ ঘটোৱা সত্ৰৰ ঘাই লক্ষ্য। ধৰ্ম চৰ্চাৰ উপৰিও সত্ৰসমূহ মহাপুৰুষীয়া তথা অসমীয়া সংস্কৃতি যেনে বৰগীত, সত্ৰীয়া নৃত্য, চালি নৃত্য, ঝুমুৰা নৃত্য, দশাৱতাৰ নৃত্য আদিৰ লগতে পুৰণি পুথি-পাজি আৰু আন আন বুৰঞ্জীমূলক সমলৰ ভঁৰাল। প্ৰথমতে অসমত ৬৬৫খন সত্ৰ আছিল যদিও এতিয়া তাৰে বেছিভাগৰে অস্তিত্ব নাই। এইকেইখনৰ ভিতৰত ৬৫খন কেৱল মাজুলীতে স্থাপন কৰা হৈছিল যাৰ ভিতৰত এতিয়া ২২ খনহে আছে। ইতিহাস মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ধৰ্ম প্ৰচাৰৰ আদিকালতে সত্ৰৰ উৎপত্তি হোৱা বুলি ধাৰণা কৰা হয়। শঙ্কৰদেৱে তেওঁৰ জন্মস্থান বৰদোৱাত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল। নতুনকৈ ধৰ্ম প্ৰচাৰ কৰা ঠাইত তেওঁ "প্ৰাৰ্থনা ঘৰ" (হৰি গৃহ) স্থাপন কৰিছিল যি পিছলৈ সাংস্কৃতিক কেন্দ্ৰৰ ৰূপ লয়। ইয়াক "থান"(সংস্কৃত- স্থান) বুলি কোৱা হৈছিল। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ধৰ্ম প্ৰচাৰৰ বাবে যাত্ৰা কৰোঁতে তেওঁ ঠায়ে ঠায়ে থান স্থাপন কৰিছিল। বৰদোৱাৰ পিছতে শংকৰদেৱে আহোম ৰজাৰ ৰোষত পৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ আহি ধুৱাহাট বেলগুৰিত সত্ৰ প্ৰতিষ্ঠা কৰাৰ কথা চৰিত পুথিত উল্লেখ আছে। তাৰপিছত দক্ষিণ পাৰত ক্ষেত্ৰী, কাপালত, চুণপোৰা, পালেদি, কমাৰকুছি আদি ঠাইলৈ গৈ সত্ৰ প্ৰতিষ্ঠা কৰে। ইয়াৰ পিছতে সমসাময়িকভাৱে শংকৰদেৱে পাটবাউসীত, হৰিদেৱে মানৰিত, দামোদৰদেৱে বৈকুণ্ঠপুৰত আৰু মাধৱদেৱে সুন্দৰীদিয়া, গণককুছি আৰু বৰপেটাত সত্ৰ প্ৰতিষ্ঠা কৰে। শংকৰদেৱে দিয়া দায়িত্ব পালন কৰি গোপালদেৱে পৰৱৰ্ত্তীকালত উজনি অসমৰ ডেবেৰাপাৰত প্ৰথম সত্ৰ প্ৰতিষ্ঠা কৰে। সত্ৰৰ প্ৰতিষ্ঠাৰ কম সময়ৰ ভিতৰতে ধৰ্ম প্ৰচাৰৰ উপৰিও সাহিত্য, সংগীত, নৃত্য, নাট, স্থাপত্য, ভাস্কৰ্য্য আদি কলাসমূহৰ চৰ্চা আৰু অনুশীলনৰ কেন্দ্ৰৰূপে পৰিগণিত হৈ উঠে। তদুপৰি, নামঘৰ, মণিকুট, গুৰুগৃহ, ভকতৰ হাটী, ভঁৰাল ঘৰ, অতিথিশালা, কৰাপাট আদি নিৰ্মাণেৰে সত্ৰৰ পৰিসৰ বৃ্দ্ধি কৰা হ’ল। এনেদৰে পূৰ্ণ পৰ্য্যায়ৰ সত্ৰ স্থপনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল মাধৱদেৱ আৰু দামোদৰদেৱে। শঙ্কৰদেৱৰ প্ৰধান শিষ্য মাধৱদেৱ বৰপেটাত স্থাপন কৰা থানখনেই আছিল সৰ্ববৃহৎ। মাধৱদেৱে এক শৰণ নাম ধৰ্ম প্ৰচাৰৰ দায়িত্ব ন্যস্ত কৰা বাৰজন মুখ্য শিষ্যইও অসমৰ ভিন ভিন ঠাইত থান স্থাপন কৰে। এই থানবোৰেই কালক্ৰমত বৈষ্ণৱ ধৰ্মৰ প্ৰাণকেন্দ্ৰ "সত্ৰ" নামেৰে জনাজাত হয়। সত্ৰ নামৰ উৎপত্তি "সত্ৰ" শব্দটোৰ আভিধানিক অৰ্থ হৈছে অধিবেশন, হোম-যজ্ঞানুষ্ঠান, নিবাসস্থান। এই শব্দ প্ৰথমে "শতপথ ব্ৰাহ্মণ"ত "আহুতি" বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। ভাগৱত গীতাতো এই শব্দটো ভিন ভিন ঠাইত ব্যৱহাৰ কৰা হৈছে। গীতাত উল্লেখ থকা অনুসৰি বিষ্ণুক্ষেত্ৰ নৈমিষাৰণ্যত শৌনকাদি ঋষিসকলে স্বৰ্গপ্ৰাপ্তিৰ কাৰণে হাজাৰ বছৰ ধৰি যি অনুষ্ঠান পাতি আছিল সেয়ে সত্ৰ। কিন্তু অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ আমোলত শঙ্কৰদেৱে ধৰ্ম প্ৰচাৰৰ বাবে কিছুকাল থকা স্থানসমূহেই "সত্ৰ" বুলি জনাজাত হয়। গতিকে অসমত সত্ৰ শব্দটো বৈষ্ণৱ ধৰ্ম পালন আৰু প্ৰচাৰৰ বাবে গুৰু-শিষ্য সমন্বিতে থকা কেন্দ্ৰ অৰ্থত ব্যৱহাৰ হয়। সত্ৰ অনুষ্ঠানৰ মূল স্বৰূপ নিৰ্ণয় কৰি সত্ৰ শব্দৰ পূ্ৰ্ণ ব্যাখ্যা প্ৰথমবাৰৰ বাবে ’শৰণ মালিকা’ত ভট্টদেৱে উল্লেখ কৰিছিল। সত্ৰৰ আন এক অৰ্থ হ’ল ধৰ্ম, শৰণ আদি আধ্যাত্মিক শিক্ষা দিয়া কাৰ্য্য। শংকৰদেৱে ব্ৰাহ্মণক পোনপটিয়াকৈ নিজে শৰণ নিদি ব্ৰাহ্মণৰ দ্বাৰা দিয়া কাৰ্য্যত সত্ৰ শব্দ ব্যৱহাৰ কৰা দেখা যায়। অৱশ্যে সেই সময়ত সত্ৰ শব্দৰ বহুল প্ৰয়োগ হোৱা নাছিল। তাৰ পৰিৱৰ্ত্তে কীৰ্তন ঘৰ, হৰিগৃহ, থান আদি শব্দৰহে ব্যাপক প্ৰচলন আছিল। গুৰুজনাই বৰদোৱা বা বট্ৰদৱাত স্থাপন কৰা সত্ৰখনেই প্ৰথম সত্ৰ। তাত তেওঁ এটা প্ৰাৰ্থনা ঘৰ সজায় য'ত নাম-কীৰ্তনৰ লগতে ধৰ্মীয় আলোচনাও হৈছিল। শঙ্কৰদেৱৰ পিছৰ যুগত তেওঁ বা আন আন গুৰুসকলে কিছুকাল থকা সত্ৰসমূহ যেনে বৰদোৱা, বেলগুৰি, বৰপেটা আদিক সত্ৰৰ সলনি "থান" বুলি কোৱা হ'ল। কোনো কোনো জীৱনীকাৰে অৱশ্যে "সত্ৰ" আৰু "থান"ৰ প্ৰভেদ নাৰাখে। সত্ৰৰ পদসমূহ সত্ৰাধিকাৰ আৰু তেওঁৰ সহকাৰীসকলে সত্ৰ এখনৰ কাম-কাজ পৰিচালনা কৰে। সত্ৰত তলত দিয়া সদস্যসকল থাকে: অধিকাৰ তেওঁ হৈছে সত্ৰৰ ধাৰ্মিক আৰু আধ্যাত্মিক দিশৰ মুৰব্বী। দীক্ষা গ্ৰহণৰ অনুষ্ঠান "শৰণ" আৰু "ভজন" তেওঁৰ প্ৰত্যক্ষ তত্ত্বাৱধানত অনুষ্ঠিত হয়। তেওঁক "সত্ৰীয়া" বা "মহন্ত" বুলিও কোৱা হয়। ডেকা-অধিকাৰ সহ মুৰব্বী। ক্ষমতা আৰু সন্মানৰ ক্ষেত্ৰত অধিকাৰৰ পিছতেই তেওঁৰ স্থান। অধিকাৰৰ মৃত্যু হ'লে বা অধিকাৰৰ অনুপস্থিতিত ডেকা-অধিকাৰেই সত্ৰৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ভকত যদিও যিকোনো ভক্তকে "ভকত" বুলি ক'ব পাৰি তথাপি সত্ৰৰ পৰিচালনাত সহযোগ কৰা বা সত্ৰৰ চোহদতে বসবাস কৰা ভক্তসকলকহে "ভকত" বুলি কোৱা হয়। অবিবাহিত এই ভকতসকলক "কেৱলীয়া ভকত" বুলিও কোৱা হয়। শিষ্য সত্ৰৰ আন আন ভক্তসকলক শিষ্য বুলি কোৱা হয়। অসমৰ বহুতো বৈষ্ণৱ পৰিয়ালৰ সত্ৰৰ প্ৰতি আনুগত্য থাকে। ইয়াৰ উপৰিও ব্যৱস্থাপনা আৰু ধৰ্মীয় কাৰ্য সুকলমে চলাবলৈ বিভিন্ন পদ থাকে। ডাঙৰ সত্ৰত থকা এনে পদসমূহ হ'ল বৰ-ভাগতী বৰ-শ্ৰাৱণী বৰ-পাঠক বৰ-নাম লগোৱা বৰ-গায়ন বৰ-বায়ন বৰ-ভাণ্ডাৰী চাউল-ভঁৰালী গুৱা-ভাণ্ডাৰী বৰ-আলধৰা বৰ-কাকতী বৰ-মেধি বৰ-খাটনিয়াৰ সত্ৰৰ গঠন সত্ৰসমূহ গঠনৰ তিনিটা মুখ্য স্তৰ থাকে- মূলসত্ৰ, আজ্ঞাপৰ সত্ৰ আৰু শাখা সত্ৰ। কোনোবা এগৰাকী মহাপুৰুষৰ পোনপটীয়া আজ্ঞাৰে প্ৰতিষ্ঠা হোৱা সত্ৰক মূলসত্ৰ, সেই সত্ৰৰ গুৰুৰ আজ্ঞালৈ প্ৰসিদ্ধ শিষ্য বা ভক্তই আন এঠাইত প্ৰতিষ্ঠা কৰিলে সেই সত্ৰক আজ্ঞাপৰ সত্ৰ আৰু মূল সত্ৰৰ বিশেষ প্ৰতীক লৈ সত্ৰীয়া আৰ্হি ৰাখি আন এঠাইত সত্ৰ প্ৰতিষ্ঠা কৰিলে সেই সত্ৰক শাখা সত্ৰ বুলি কোৱা হয়। সত্ৰৰ মূল অংশসমূহ সত্ৰৰ মূল অংগসমূহ হৈছে- নামঘৰ আৰু মণিকুট, গুৰু গৃহ, ভঁৰাল, বৈষ্ণৱ-গৃহ চাৰিহাটী, কৰাপাট, অতিথিশালা, নাট্যশালা আৰু ভোগঘৰ। নামঘৰ আৰু মণিকুট নামঘৰ আৰু মণিকুট সত্ৰৰ কেন্দ্ৰবিন্দু। এই নামঘৰ আৰু মণিকুট সাধাৰণতে সত্ৰৰ প্ৰায় মাজভাগত পূবা-পশ্চিমাকৈ থাকে। নামঘৰৰ চাৰিওকাষে ভক্তসকলৰ প্ৰদক্ষিণৰ বাবে চালি থাকে। সত্ৰবিশেষে এই চালি মুকলি বা বেৰি ৰখা হয়। নামঘৰৰ মাজভাগতে চৈধ্য প্ৰসংগ, ভাগৱত পাঠৰ বাবে ভাগৱতৰ আসন, পদ পাঠৰ বাবে পদৰ আসন আদি নিৰ্দিষ্ট স্থানত থাকে। নামঘৰৰ মূল খুঁটাৰ কাষত গুৰুৰ আসন থাকে। নামঘৰৰ লগত সংলগ্ন কৰি সুকীয়াকৈ এক পৃথক ঘৰ নিৰ্মাণ কৰি ভাগৱত বা মূৰ্তি ৰখা হয় আৰু এই ঘৰক মণিকুট বুলি কোৱা হয়। ঈশ্বৰ উপাসনাৰ বাবে সিংহাসন প্ৰতিষ্ঠা কৰি তাতে ভাগৱত স্থাপন কৰা হয়। এই স্থান সৰ্বোচ্চৰূপে গণ্য কৰা হয়। মণিকুটক বৰপেটা কমলাবাৰী আদি সত্ৰত ভাঁজঘৰ বুলি কোৱা হয়। মূলত: ভাঁজ দি পৃথককৈ সঁজা হয় বাবেই এই নাম। সত্ৰৰ মণিকুটত অষ্টপ্ৰকাৰৰ মূৰ্তিৰ যিকোনো এবিধ মূৰ্ত্তি স্থাপন কৰাৰ নিয়ম। এই অষ্টপ্ৰকাৰ হৈছে- শিলৰ,কাঠৰ, অষ্ট ধাতুৰ, লেপন,লেখন (আখৰ), বালি-মাটি, মনৰ কল্পিত আৰু মণিৰে তৈয়াৰী মূৰ্তি। সাধাৰণতে সত্ৰৰ মণিকুটত শিল, সোণ বা পিতলৰ মূৰ্তি থাকে। নামঘৰৰ সম্মুখ ভাগত মুকলিকৈ সঁজা আৰু চিত্ৰ-বিচিত্ৰ ৰূপত সঁজোৱা অংশটোক ৰাঙলী চ’ৰা বুলি কোৱা হয়। এই চ’ৰাত ধৰ্মীয় বিচাৰ আদি নিষ্পত্তি কৰা হয়। গুৰু গৃহ সত্ৰীয়া জীৱনৰ পথ প্ৰদৰ্থক হ’ল গুৰু। সত্ৰৰ সকলো কমৰ পৰিচালনা আৰু সত্ৰ সংৰক্ষণৰ দায়িত্ব গুৰুৰ ওপৰত থাকে। সেয়ে গুৰুক সত্ৰাধিকাৰ বুলি কোৱা হয়। সত্ৰাধিকাৰৰ বাবে সত্ৰৰ সোঁমাজতে নামঘৰৰ মণিকুটৰ কাষত স্থান নিৰ্দিষ্ট কৰি থোৱা থাকে। বহু সত্ৰত অৱশ্যে অন্যন্য বৈষ্ণৱ বা ভকতসকলে থকা হাটীৰ লগতে সত্ৰাধিকাৰৰ বাসভৱন থাকে। ভঁৰাল ঈশ্বৰ উপাসনাৰ উপাচাৰসমূহ, সত্ৰৰ যাবতীয় সমপ্দ আৰু ভৰণ-পোষণৰ সামগ্ৰীসমূহ ভঁৰালত ৰখা হয়। এই ভঁৰাল-গৃহ সাধাৰণতে সত্ৰৰ মাজভাগত নামঘৰৰ আশে পাশে থাকে। কোনো কোনো সত্ৰত এই ভঁৰালৰ ভাগ দুটা- চাউলকে আদি কৰি অন্য সা-সামগ্ৰী ৰখা স্থানক চাউল ভঁৰাল আৰু ধন-সম্পত্তি আদি ৰখা স্থানক ধন ভঁৰাল বুলি কোৱা হয়। সত্ৰৰ কৰ-বৰঙনিৰ বাবদ ৰাইজৰ পৰা আৰু সত্ৰত খাট-পাম আদিৰ পৰা অহা ধান-চাউল আদি চাউল ভঁৰালত জমা থাকে, তেনেদৰে টকা-পইচা, অলংকাৰ, সোণ-ৰূপ, কাঁহ-পিতলৰ বাচন-বৰ্তন, কাপোৰ, গামোচা আদি ধন ভঁৰালত জমা থাকে। বৈষ্ণৱ-গৃহ চাৰিহাটী নামঘৰ-মণিকুট স্থানক সন্মুখত লৈ সত্ৰৰ চাৰিওফালে বৈষ্ণৱসকলে একোটা বহা পৰিচালনা কৰি সমূহীয়াভাৱে বাস কৰে আৰু এই ঠাইক ’হাটী’ অৰ্থাৎ শাৰী পাতি থকা ঘৰৰ সমষ্টি বুলি কোৱা হয়। চাৰিওদিশত চাৰিটা হাটী থাকে বাবে এই হাটীসমূহক পূব হাটী, পশ্চিম হাটী, উত্তৰ হাটী আৰু দক্ষিণ হাটী বুলি জনা যায়। পূ্ৰ্বতে হাটী ঘৰ এখন চালিৰ তলত এটা দীঘল ঘৰ হিচাপে নিৰ্মাণ কৰা হৈছিল যদিও বৰ্তমান হাটীৰ গঠনৰ কিছু পৰিৱৰ্তন হৈছে। হাটীৰ অন্তৰ্গত প্ৰত্যেকটো ঘৰক একোটা ’বহা’ বুলি কোৱা হয়। কৰাপাট সত্ৰৰ সন্মুখত সত্ৰলৈ সোমোৱা পথৰ আৰম্ভণিতে থকা মুখ্য তোৰণখনক কৰাপাট বুলি জনা যায়। কৰাপাট দুখন-সত্ৰলৈ সোমোৱা পথৰ আৰম্ভণিতে ’বহি: কৰাপাট’ আৰু সত্ৰীয়া পৰিৱেশৰ ভিতৰলৈ সোমোৱা ঠাইত থকা ’অন্ত: কৰাপাট’। কৰাপাটত সাধাৰণতে হাতী, সিংহ, ম’ৰা আদি প্ৰতীক চিহ্ন থাকে। ভিতৰ কৰাপাটৰ আগতেই যানবাহন আৰু পাদুকা আদি ত্যাগ কৰিহে প্ৰবেশ কৰাৰ নিয়ম। অতিথিশালা সত্ৰলৈ অহা শিষ্য বা অন্য অতিথিৰ বাবে সত্ৰত অতিথিশালা থাকে। অতিথিশালাৰ সুবিধা নথকা সত্ৰ সমূহত বৈষ্ণৱ বহাবিলাকতে থকাৰ ব্যৱস্থা কৰা হয়। নাট্যশালা সত্ৰত তিথি, ভাওনা আদিৰ আখৰা কৰাৰ বাবে সুকীয়াকৈ নাট্যশালা বা আখৰা ঘৰ থাকে। এই আখৰা ঘৰ সাধাৰণতে নামঘৰৰ লগত সংলগ্ন থাকে। ভোগঘৰ ঈশ্বৰৰ সিদ্ধ ভোগ আৰু নৈবদ্য আদি প্ৰস্তুত কৰাৰ বাবে সুকীয়াকৈ থকা ঠাইক ভোগঘৰ নামেৰে জনা যায়। ইয়াৰোপৰি সত্ৰৰ আন দুটা মূল অংশ হৈ প্ৰয়াত সত্ৰাধিকাৰসকলৰ স্মৃতিত নিৰ্মাণ কৰা থানঘৰ আৰু মহাপুৰুষসকলৰ পদ-চিহ্ন আৰু প্ৰয়াত সত্ৰাধিকাৰৰ ব্যবহৃত বিশেষ সামগ্ৰী আদি ৰখা পদশিলা ঘৰ। থানঘৰ সাধাৰণতে বহি: কৰাপাটৰ পৰা অন্ত: কৰাপাটৰ ভিতৰত পথৰ কাষত নিৰ্মাণ কৰা হয়। থানঘৰত দৈনিক ধূপ-দীপ প্ৰজ্বলন কৰি সত্ৰাধিকাৰক শ্ৰদ্ধা জনোৱাৰ নিয়ম। সত্ৰৰ বিভাজন সম্প্ৰদায় আৰুআচাৰ ভেদে শংকৰদেৱৰ প্ৰয়ানৰ পিছত সম্প্ৰদায় আৰু আচাৰভেদে অসমৰ সত্ৰসমূহ বিভিন্ন সংহতিত বিভক্ত হয়। ইয়াৰ মূল ভিত্তি হ’ল গুৰু, দেৱ, নাম, ভকত-এই চাৰিবিধ প্ৰধান আধাৰৰ সত্ৰভেদে তুলনামূলক গুৰুত্ব। বৰ্তমান প্ৰচলিত মূল সংহতিসমূহ হ’ল- ব্ৰহ্ম সংহতি: ব্ৰাাহ্মণ্য নিয়ম নীতিৰ প্ৰাধান্য থাকে। এই সংহতিৰ প্ৰৱৰ্তক দামোদৰদেৱ আৰু তেওঁৰ সহযোগী হৰিদেৱ। উদাহৰণ- পাটবাউসী সত্ৰ, দক্ষিণপাট সত্ৰ, খুদিয়া সত্ৰ। পুৰুষ সংহতি: ব্ৰহ্ম আৰু নামৰ প্ৰাধন্যৰ ওপৰত প্ৰতিষ্ঠিত। এই সংহতিৰ প্ৰৱৰ্ত্তক শংকৰদেৱৰ নাতি পুৰুষোত্তম ঠাকুৰ বুলি জনা যায়। উদাহৰণ- এলেঙী সত্ৰ, নৰোৱা, কোৱামৰা, চামগুৰি সত্ৰ। কাল সংহতি গুৰুৰ প্ৰাধান্যৰ ওপৰত সৃষ্টি হৈছে। এই সংহতিৰ মূল স্ৰষ্টা ভাৱানীপুৰীয়া গোপাল আতা। উদাহৰণ- চৰাইবাহী সত্ৰ,আঁহতগুৰি সত্ৰ। নিকা সংহতি: নাম আৰু ভকতৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠিত। বাদুলা পদ্ম আতা আৰু মথুৰা দাস বুঢ়া আতা এই সংহতিৰ প্ৰৱৰ্ত্তক। উদাহৰণ- কমলাবাৰী সত্ৰ, জৰাবাৰী সত্ৰ। জীৱন ধাৰণৰ প্ৰণালী ভেদে সকলো সত্ৰৰে লক্ষ্য আৰু উদ্দেশ্য একে হ’লেও জীৱন ধাৰণৰ প্ৰণালী অনুসৰি সত্ৰত মূল তিনিটা ভাগ থাকে- উদাস সত্ৰ: এনে সত্ৰত সত্ৰাধিকাৰ, ডেকাকে ধৰি বৈষ্ণৱসকলে বিষয় সুখ ত্যাগ কৰি আধ্যাত্মিক জীৱনধাৰা পালন কৰে। উদাহৰণ-আউনীআটী, দক্ষিণপাট, নতুন কমলাবাৰী, উত্তৰ কমলাবাৰী আদি। অৰ্ধ উদাস সত্ৰ: এনে সত্ৰৰ দুটা ভাগ থাকে। সত্ৰৰ মূল সীমাৰ ভিতৰত উদাসীনসকলৰ আৰু সত্ৰৰ গাতে লাগি থকা বাহিৰ অংশত গৃহস্থীসকলৰ বাসস্থান থাকে। উদাসীনসকলে উদাস ৰীতি নীতিৰে আৰু গৃহস্থীসকলে গাৰ্হস্থ্য জীৱন যাপন কৰে। উদাহৰণ- বৰপেটা সত্ৰ। গৃহস্থী সত্ৰ: সত্ৰত বসবাস কৰিও সম্পূৰ্ণ সাংসাৰিক জীৱন অতিবাহিত কৰিব পাৰে। উদাহৰণ-গড়মূৰ সত্ৰ। সত্ৰৰ দৈনন্দিন কৰ্ম আৰু অনুষ্ঠান সামূহিক কাম নামঘৰ-মণিকুটৰ কৰ্ম: প্ৰতিদিনে পুৱাতে নামঘৰৰ দুৱাৰ খুলি নামঘৰ, মণিকুট আৰু নামঘৰৰ পিৰালি সৰা-মচা কৰা হয়। ইয়াৰ পিছতে মণিকুটৰ পূজাৰী, দেউৰী, আঠপৰীয়া, মলিয়া, ধূপীয়া আদি মণিকুটলৈ আহে। নৈবদ্য সজোৱা দেউৰীয়ে নৈবদ্যৰ সামগ্ৰী মাহ-প্ৰসাদ ধুই আৰু কল-কুঁহিয়াৰ উপকৰণ আদি কাটি-ছিঙি শৰাইত সজাই আগবঢ়ায়। চন্দন পিহা দেউৰীয়ে চন্দন বটি পূজাৰ কাৰণে যোগান ধৰে। শলা লগোৱা দেউৰীয়ে প্ৰত্যকে আসনত পূজাৰ বাবে শলা-বন্তি লগাই দিয়ে। ভাগৱত পদ থাপনাৰ সন্মুখতো শলা-বন্তি প্ৰস্তুত কৰি দিয়ে। মণিকুটত জ্বলি থকা অখণ্ড বন্তিতো এই দেউৰীয়ে তেল-শলিতাৰ নিয়মিত যোগান ধৰে। তেনেদৰে ফুললতুলীয়াই ফুল ছিঙি পূজাৰ বাবে যোগান ধৰে আৰু মলিয়াই বিগ্ৰহৰ মালা যোগান ধৰে। প্ৰাথমিক প্ৰস্তুতি হৈ উঠাৰ লগে লগে কাঁহ-ধ্বনি বা ডবাৰে পুৱাৰ প্ৰসংগৰ জাননী দিয়া হয়। লগে লগে পূজাৰী আহি মণিকুটত পূজা সম্পন্ন কৰে। লগতে নাম লগোৱা আৰু শ্ৰবণ-কীৰ্তনকাৰী বৈষ্ণৱসকল আহি নামঘৰত নাম-কীৰ্ত্তনত ভাগ লয়হি। নাম সামৰণিৰ আগে আগে আশীৰ্বাদীয়াই আশীৰ্বাদ দিয়ে। নামৰ সামৰণিত ডবা বজাই জাননী দিয়াৰো নিয়ম। সামৰণিত প্ৰসাদ বিতৰণ কৰা হয়। ভঁৰালৰ কৰ্ম: সত্ৰাধিকাৰৰ বাসভৱনৰ কৰ্ম: ব্যক্তিগত কাম সত্ৰস্থসকলে দৈনন্দিন জীৱনৰ কাম-কাজসমূহ চাৰিটা অৱস্থাৰ মাজেৰে পালন কৰে- ধূতি বা সজ, বিশুদ্ধি বা ফুৰা, বাহী আৰু চুৱা। বাহী: আগনিশা শুবলৈ যোৱাৰ পৰা পিছদিনা পুৱা শৌচাচাৰ কৰাৰ আগ মুহূৰ্ত্তলৈকে এই সময়ছোৱা বাহী অৱস্থা। সূৰ্যোদয়ৰ লগে লগে বিছনা ত্যাগ কৰাটো সত্ৰৰ অধিবাসীসকলৰ এক ধৰা-বন্ধা নীতি। সাৰ পায়ে পদ্মাসন অৱস্থাত গুৰু স্মৰণ কৰিব লাগে। বিছনাৰ পৰা নামাৰ সময়ত সোঁহাতেৰে পৃথিৱীক নমস্কাৰ জনাই দক্ষিণে ভৰি মাটিত দিয়ে। বিছনা ত্যাগ কৰি বাহিৰলৈ গৈ মু্খ-হাত ধুই, হাত ভৰি তিয়াই মূৰত পানী লয়। এইখিনি সময়ৰ পৰা শৌচাচাৰ কৰালৈকে নিজ বহাৰ বাহী কাম যেনে ঠাই সৰা, মচা, বাচন-বৰ্তন ধুৱা আৰু গাই-গৰু চোৱা আদি কাম কৰে। বাহী অৱস্থাত উপাসনাৰ থলীলৈ আৰু পাগ পত্ৰ কৰা স্থান বা ভোজনশালালৈ যোৱা নিষেধ। চুৱা:শৌচাচাৰ কৰিবলৈ যোৱাৰ পৰা গা-ধোৱালৈকে এইখিনি সময়ক চুৱা অৱস্থা বুলি কোৱা হয়। সত্ৰীয়া জীৱনত পুৱা গধূলি দুবাৰ শৌচাচাৰ কৰাৰ নিয়ম। গতিকে দিনটোত দুবাৰ চুৱা অৱস্থা থাকে। পুৱা এই অৱস্থাত শৌচাচাৰ কৰি দাঁত ঘঁহা, মাটি-পানী লোৱা আৰু তৈলমৰ্দন কৰাৰ নিয়ম। গধূলিদাঁত ঘঁহা আৰু তৈল মৰ্দন নিষেধ। স্নান কৰাৰ সময়ত ’নাৰায়ণ’ নাম উচ্চাৰণ কৰি এচলু পানীৰে মূৰৰ ওপৰত ঘূৰাই, তাৰ পিছত চাৰি বস্তু গুৰু, দেউ, নাম, ভকতৰ নামত চাৰি চলু পানী শিৰত লৈ গাত ঢালে। ধুতি: স্নান কৰি উঠি তিয়নি সলাই পৰিষ্কাৰ কাপোৰ পিন্ধাৰ পৰা ধুতি অৱ্স্থা আৰম্ভ হয়। এই অৱস্থাতে প্ৰাৰ্থনা ভোজন আদি কাম সমাপন কৰে। সেইদৰে সন্ধিয়া স্নান কৰাৰ পৰা ৰাতি ভোজন কৰালৈকে এইখিনি সময়ো শুতি অৱস্থা। বিশুদ্ধি: দিনৰ প্ৰথম ভোজনৰ পিছৰ পৰা সন্ধিয়া গা ধুৱা সময়লৈকে বিশুদ্ধি অৱস্থা। এই অৱস্থাত ভকতসকলে মুকলিকৈ ফুৰিব পাৰে। ধুতি ঠাই, গা ধুৱা ঠাই আৰু অস্পৃশ্য ঠাইৰ বাহিৰে সকলোতে এই অৱস্থাত ফুৰা-চকা কৰিব পাৰে। সেয়ে এই অৱস্থাক ’ফুৰা’ বুলিও কোৱা হয়। সত্ৰৰ সাজ-পোছাক সত্ৰৰ অধিবাসীসকলে সাধাৰণতে কপাহী ধুতি, কপাহী চোলা, চাদৰ, খনীয়া, চেলেং আদি সাজ পৰিধান কৰে। উৎসৱ-পৰ্বত বা বিশেষ উপলক্ষ্যত পাটৰ বা মুগাৰ ধুতি, চোলা বা চাদৰৰ ব্যৱহাৰ হয়। উৎসৱ বা অন্য বিশেষ উপলক্ষ্যত সত্ৰাধিকাৰে পাগমৰা আৰু খনীয়া বা বৰ কাপোৰ লোৱাটো অপৰিহাৰ্য্য। পাগৰ ওপৰত খনীয়া, নিৰ্মালি, গলত গলমালা থাকে। এগৰাকী গোঁসাই বা বৈষ্ণৱ ভকতৰ সাজ হ’ল, থোৰ মৰা চুৰীয়া, গাত চেলেং বা খনীয়া চাদৰ, কপালত ফোঁট, মূৰত চুলিৰ খোপা, চুলিৰ খোপা বা শিৰৰ মাজত নিৰ্মালি আদি। সত্ৰত সাধাৰণতে সকলোৱে বিশুদ্ধি অৱস্থাতহে চোলা পিন্ধে। ধুতি অৱস্থাত কেৱল চুৰীয়া আৰু চেলেং বা খনীয়া কাপোৰ পিন্ধে। সত্ৰত প্ৰসঙ্গৰত অৱস্থাত চুৰীয়া গাঁঠি দি পিন্ধা নিষেধ। দুয়োফালে দুটা মূৰ খোঁচনা মাৰিহে পিন্ধিব লাগে। সত্ৰৰ ভিতৰত সত্ৰাধিকাৰৰ বাহিৰে কোনেও পাদুকা ব্যৱহাৰ কৰিব নোৱাৰে। বিভিন্ন সত্ৰসমূহ অসমৰ চাৰিখন ৰাজ সত্ৰ হ'ল:- আউনীআটী সত্ৰ দক্ষিণপাট সত্ৰ গড়মূৰ সত্ৰ কুৰুৱাবাহী সত্ৰ যদিও এই চাৰি ৰাজসত্ৰ সমশ্ৰেণীত পৰে তথাপিও আউনীআটী সত্ৰ প্ৰথম শ্ৰেণী, দ্বিতীয়ত দক্ষিণপাট সত্ৰ, তৃতীয়ত গড়মূৰ সত্ৰ, চতুৰ্থত কুৰুৱাবাহী সত্ৰ হয়। নৱবৈষ্ণৱ ধৰ্মৰ চাৰি সংহতিৰ অন্তৰ্গত কালসংহতিৰ সত্ৰসমূহে মধ্যযুগীয় অসমৰ ইতিহাসত বিশেষ স্থান অধিকাৰ কৰিছে। চিত্ৰভঁৰাল লগতে চাওক অসমৰ সত্ৰসমূহৰ তালিকা তথ্য সংগ্ৰহ বাহ্যিক সংযোগ দ্য দে ইণ্ডিয়ানত প্ৰকাশিত জকাইসত্ৰৰ অধিকাৰ ভদ্ৰ কৃষ্ণ গোস্বামীৰ সৈতে এক সাক্ষাৎকাৰ বৰপেটা সত্ৰৰ ৱেবছাইট সত্ৰ নৱবৈষ্ণৱ
21738
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%AA%E0%A6%BF%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%9F
কপিৰাইট
"কপিৰাইট এটা আইনী সংজ্ঞা। স্ৰষ্টাৰ নি(...TRUNCATED)
README.md exists but content is empty. Use the Edit dataset card button to edit it.
Downloads last month
3
Edit dataset card