id
stringlengths
4
5
url
stringlengths
34
558
title
stringlengths
2
62
text
stringlengths
3.52k
77k
33032
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A6%BE%E0%A6%A4%E0%A6%BF%20%E0%A6%B6%E0%A6%97%E0%A7%81%E0%A6%A3
পাতি শগুণ
পাতি শগুণ বা বাংলা শগুণ বৈজ্ঞানিক নাম- শগুণৰ এটা উল্লেখযোগ্য প্ৰজাতি। নব্বৈৰ দশকলৈকে ই দক্ষিণ-পূব এছিয়া ত বহুলভাৱে বিস্তৃত হৈ আছিল। ১৯৮৫ চনত এই চৰাইবিধক বিশ্বৰ ভিতৰতে আটাইতকৈ সৰহীয়াকৈ পোৱা মাংসভোজী চৰাইৰ প্ৰজাতি হিচাপে স্বীকৃতি দিয়া হৈছিল যদিও পৰৱৰ্ত্তী কালত বিশেষকৈ ১৯৯২ চনৰ পৰা ২০০৭ চনৰ ভিতৰত ইয়াৰ ৯৯.৯% জনসংখ্যা মৃত্যুমুখত পৰে। ফলস্বৰূপে ইয়াক বৰ্ত্তমান সংকটজনকভাৱে বিলুপ্তপ্ৰায় প্ৰজাতি সমূহৰ ভিতৰত ঠাই দিয়া হৈছে আৰু সংৰক্ষণৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লোৱা হৈছে। বিৱৰণ পাতি শগুণ মধ্যমীয়া আকাৰৰ, নোমবিহীন মূৰ আৰু ডিঙি, বহল ডেউকা আৰু চুটি নেজৰ এটা শগুণৰ প্ৰজাতি। পূৰ্ণবয়স্ক শগুণৰ পৃষ্ঠদেশ বগা, দেহৰ বাকী অংশ ক'লা। মূৰত গুলপীয়া আভা থকা দেখা যয়। ইয়াৰ পোৱালি দেখিবলৈ অলপ ডাঠ ৰঙৰ হয় আৰু পূৰ্ণবয়স্ক পাট=তি শগুণৰ দৰে ৰং পাবলৈ ইয়াক কমেও ৪-৫ বছৰ লাগে। গোটৰ অন্তৰ্গত শগুণ সমূহৰ ভিতৰত ই আটাইতকৈ সৰু আকাৰৰ শগুণ। ইয়াৰ দেহৰ ওজন ৩.৫-৭.৫ কি.গ্ৰা, দৈৰ্ঘ্য প্ৰায় ৭৫-৯৩ ছে: মি: হয়। বিতৰণ পাতি শগুণে ভাৰত, পাকিস্তান, নেপাল আৰু দক্ষিণ-পূব এছিয়াত মানুহৰ জনবসতিৰ আশে পাশে ওখ গছত বাহ সাজি বাস কৰে। ই সাধাৰণতে এটাকৈ কণী পাৰে। ই এক থলুৱা শগুণৰ এক থলুৱা প্ৰজাতি। নব্বৈৰ দশকৰ আগলৈকে ভাৰতৰ গংগাৰ সমতল ভূমিত এই প্ৰজাতিটো প্ৰচুৰ ভাৱে দেখা পোৱা গৈছিল। ইয়াক সেয়ে ভাৰতত পোৱা শগুণৰ প্ৰজাতি সমূহৰ ভিতৰত আটাইতকৈ বেছিকৈ পোৱা প্ৰজাতি বুলিও আখ্যা দিয়া হৈছিল। নব্বৈৰ দশকৰ আগলৈকে ইহঁতক অনাৱশ্যকীয় বুলি গণ্য কৰা হৈছিল। বিশেষকৈ উৰাজাহাজত খুন্দিয়াই দুৰ্ঘটনাত পতিত কৰা ঘটনাবোৰৰ বাবে ই সমস্যাজনক চৰাই বুলি পৰিগণিত হৈ পৰিছিল। কিন্তু ১৯৯০ চনৰ ভিতৰত ই কিছু কিছু অঞ্চলত সম্পূৰ্ণভাৱে বিলুপ্ত হৈ পৰে। বাসস্থান এলান অক্টেভিয়ান হিউম এ তেওঁৰ পৰ্য্যবেক্ষণৰ ভিত্তিত সদৰি কৰিছিল যে আশে পাশে সুবিধাজনক অন্য বাসস্থান থাকিলেও পাতি শগুণে প্ৰায়ে মানুহৰ জনবসতি পূৰ্ণ অঞ্চলত ওখ গছত বাহ সাজে। পাতি শগুণে বাহ সাজিবৰ বাবে বিশেষভাৱে ব্যৱহাৰ কৰা গছকেইবিধমান হ'ল, অৰ্জ্জুন আৰু নিম আচৰণ পুৱা সূৰ্য্য উদয় হোৱাৰ পিছত বতাহ গৰম হৈ নুঠালৈকে পাটিশগুণ নিষ্ক্ৰিয় হৈ উঠে। ইহঁতে ওপৰলৈ উঠি গৈ বতাহতে পাক মাৰি চিকাৰৰ সন্ধানত ঘুৰে। খাদ্য অন্য শগুণৰ প্ৰজাতি সমূহৰ দৰেই পাতি শগুণো মৃতভক্ষী চৰাই। ই প্ৰধানকৈ জন্তুৰ মৰাশ খাই জীয়াই থাকে। ই প্ৰায়ে আকাশত উৰি উৰি মৰা শ নিৰীক্ষণ কৰি থাকে আৰু অন্য মৃতভক্ষীক দেখি বা নিজে সন্ধান পালে তললৈ নামি আহে। পাতি শগুণে প্ৰায়ে জাক পাতি থাকে। পাতি শগুণ সাধাৰণতে ৰাতিপুৱাৰ ভাগত নিষ্ক্ৰিয় হৈ থাকে। ৰ'দৰ উত্তাপত বতাহ কিছু গৰম হৈ উঠাৰ পিছত ই ঘূৰণীয়াকৈ উৰি ওপৰলৈ উঠে। ভাৰতৰ চহৰ অঞ্চলসমূহত এনেকৈ উৰি থকা অৱস্থাত এসময়ত বহুতো পাতি শগুণ দেখা গৈছিল। যেতিয়া পাতি শগুণে এটা মৰাশ বিচাৰি পায় ই ক্ষন্তেকতে তল পাইহি আৰু হুলস্থূলকৈ খাবলৈ আৰম্ভ কৰে। এটা গোটা ম'হ এজাখ শগুণে ২০ মিনিটৰ ভিতৰতে অকণো নেৰাকৈ খাই শেষ কৰাৰ কথা জনা যায়। বনাঞ্চল সমূহৰ ওপৰত ঘূৰণীয়াকৈ উৰি থকা পাতি শগুণে প্ৰায়ে বাঘে মৰা জন্তুৰ বিঢ়য়ে ইংগিত দিয়ে। ই মাংসৰ লগতে হাড়বোৰো গিলিব পাৰে। পানী উভৈনদীকৈ থকা অঞ্চলত পাতি শগুণে নিয়মীয়াকৈ গা ধুৱে আৰু পানী খায়। প্ৰজনন মূলত: নৱেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত ই বাহ সাজে। জানুৱাৰী মাহত কণী পাৰে। মতা চৰাইটোৱে বাহ সাজিবৰ বাবে মাইকীজনীক গছৰ দালি আনি দিয়ে। একেলগে ওচৰা ওচৰিকৈ একাধিক বাহ থাকিব পাৰে। কণী পৰাৰ পূৰ্বে বাহত সেউজীয়া পাত থৈ সজায় লয়। এবাৰত এটাকৈ কণী পাৰে। ইয়াৰ বৰণ নীলা-সেউজীয়াৰ পৰশ থকা বগা হয়। কণী পৰাৰ পিছত ৩০-৩৫ দিন উমনি দিয়াৰ পিছত পিৱালী জগে। মাক-দেউতাকে পোৱালিক মৰাশৰ মাংস খুৱায়। পোৱালি জন্মৰ পৰা প্ৰায় তিনিমাহ পৰ্যন্ত বাহত থাকে। স্থিতি এসময়ত ভাৰতত বিশেষকৈ গংগাৰ কাষৰীয়া সমতল অঞ্চলত পাতি শগুণৰ জাক খুবেই সাধাৰণ দৃশ্য আছিল। এ পাতি শগুণক ভাৰতত পোৱা শগুণৰ বিভিন্ন প্ৰজাতি সমূহৰ ভিতৰত সকলোতকৈ বেছিকৈ দেখা পোৱা বুলি গাইড বুকত উল্লেখ কৰি গৈছে। কিন্তু ১৯৯০ চনত এই প্ৰজাতিটো অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন অঞ্চলত বিলুপ্ত হ'বলৈ ধৰে। গোটৰ মানুহে খাদ্যৰ বাবে কৰা চিকাৰকে ইয়াৰ মূল কাৰণ হিচাপে অভিহিত কৰা হয়। কিন্তু পৰৱৰ্ত্তী কালত ইয়াৰ লগতে অন্যান্য শগুণৰ প্ৰজাতিবোৰৰো ভাৰত আৰু কাষৰীয়া দেশত ৯৯.৯% জনসংখ্যা লুপ্ত হোৱা বুলি তথ্য পোৱা গ'ল। বিভিন্ন গৱেষণাত জানিব পৰা গ'ল যে গৰুৰ বাবে বৰৱহাৰ কৰা ভেটেৰিনেৰী ড্ৰাগ ডাইক্লফেনেক এই অস্বাভাৱিক বিলুপ্তিৰ মূল কাৰণ। গৰু মৰাৰ পিছত মৰাশতো এই ড্ৰাগ থাকি যায় আৰু শগুণে যেতিয়া এনে মৰাশ ভক্ষণ কৰে তেতিয়া বৃক্ক নিষ্ক্ৰিয় হৈ শগুণবোৰ মৃত্যুমুখত পৰে। সংৰক্ষণ বৰ্তমান কেৱল কম্বোডিয়া আৰু ম্যানমাৰতে এই প্ৰজাতিটোৰ কিছু বাছি আছে কিন্তু তাতো ইয়াৰ সংখ্যা যথেষ্ট কম। বৰ্তমান শগুণৰ ক্ষতিসাধন কৰা ডাইক্লফেনেক নামৰ এই ড্ৰাগটোৰ সলনি সুৰক্ষিতভাৱে ব্যৱহাৰ কৰিব পৰা মেল'ক্সিকেম নামৰ ড্ৰাগটো প্ৰস্তাৱ দিয়া হৈছে। পাতি শগুণৰ সংৰক্ষণৰ বাবে বিভিন্ন ঠাইত ইয়াৰ কৃত্ৰিম প্ৰজনন পুনৰ সংস্থাপন আৰু কৃত্ৰিমভাৱে ৰেষ্টোৰা আদিৰ ব্যৱস্থা কৰা হৈছে। তথ্য সংগ্ৰহ অন্যান্য উৎস 2004. 1974. 1988. 2763-2767 19 2. 22–29 1986 1981. 5-6:71-73. 2008. বাহ্যিক সংযোগ শগুণ
21684
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A6%BE%E0%A6%AD%E0%A6%BE%20%E0%A6%9C%E0%A6%A8%E0%A6%97%E0%A7%8B%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A7%80
ৰাভা জনগোষ্ঠী
ৰাভা জনগোষ্ঠী অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত অন্যতম খিলঞ্জীয়া জনগোষ্ঠী। এওঁলোক চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ মান-তিব্বতীয় শাখাৰ এটা জনগোষ্ঠী।। অসমৰ গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাত মূলতঃ এওঁলোকৰ বসতি। আনহাতে পশ্চিমবংগৰ জলপাইগুৰি অঞ্চলটো এখেতসকলে কিছু পৰিমাণে বাস কৰে। ৰাভাসকল অসমৰ পঞ্চম বৃহত্তম তপশিলি ভুক্ত উপজাতি। এই ৰাজ্যত দুই লাখ সাতসত্তৰ হাজাৰ ৰাভালোকে বসবাস কৰে। ৰাভা সকলক মূলতঃ ৯ টা ভাগত বিভক্ত কৰা হয় ১। কচা ২। ৰংদাঙি ৩। পাতি ৪। দাহোৰি ৫। মায়তুৰি ৬। ততলা ৭। বিতলিয়া ৮। চুঙা ৯। হানা আনহাতে,কিছু কিছু ঠাইত হালোৱা আৰু মদাহী নামেৰেও দুটা ভাগ দেখা পোৱা যায়। ৰাভা সম্প্ৰদায়ত লোকসকল বৃহত্তৰ ইন্দো-মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত। ভাষা ৰাভা জনজাতিৰ মানুহসকলে ৰাভা ভাষাত কথা কয়। বড়ো, গাৰো, কাছাৰী ইত্যাদি জনগোষ্ঠীৰ মানুহৰ লগত এওঁলোকৰ নৃতাত্বিক যোগাযোগ আছে। জীৱিকা কোৱা হয় যে, ৰাভা সম্প্ৰদায়ৰ মানুহৰ লগত প্ৰকৃতি আৰু জঙ্ঘলৰ এক নিবিৰ সম্পৰ্ক আছে। পূৰ্বতে তেখেতসকলে ঝুম খেতি কৰিছিল। ঊনবিংশ শতাব্দীৰ ষষ্ঠ দশকত, ভাৰতত ইংৰাজ শাসকসলকে জলপাইগুড়ি, ডুয়াৰ্চ আৰু অসমৰ জঙ্গলবোৰক "সংৰক্ষিত বনাঞ্চল" বুলি ঘোষণা কৰাৰ লগে লগে ৰাভাসকলৰ এই জীৱন ধাৰাৰ পৰিবৰ্তন হয়। বৰ্তমান, ৰাভা সম্প্ৰদায়ৰ লোকসকল চাকৰী, ব্যৱসায় বাণিজ্য ইত্যাদি বিভিন্ন জীৱিকাৰে নিযুক্ত হৈ আছে। এইসকলৰ সৰহসংখ্যক মানুহেই বনকৰ্মী অথবা কৃষক। ধৰ্মাচৰণ ৰাভাসকল প্ৰকৃতিৰ উপাসক। ৰাভাসকলৰ মাজত মূৰ্তি পূজাৰ প্ৰচলন নাই। তেওঁলোকে বৰ্তমান মূল ধৰ্ম পালনৰ লগে লগে হিন্দু ধৰ্মৰো কিছু আচাৰ আচৰণ পালন কৰে। ৰাভাসকলৰ প্ৰধান দেৱতা হ’ল "ঋষি" বা "মহাকাল"। সকলোবোৰ সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত ইয়াৰ পূজা অতি আৱশ্যক। ইয়াৰ বাদেও ৰাভাসকলৰ আৰু দুই দেৱী হ’ল 'ৰঙ্গতুক' আৰু 'বচেক'। এই দুগৰাকীক ঋষি বা মহাকালৰ কন্যা বুলি ভৱা হয়। 'ৰঙ্গতুক' আৰু 'বসেক' হ’ল পাৰিবাৰিক ধন সম্পত্তিৰ দেৱী। ৰাভাসকল মূলত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ অনুগামী, এওঁলোকে পৰিবাৰৰ জ্যেষ্ঠা কন্যা পাৰিবাৰিক সূত্ৰৰে এই দুই দেৱীৰ অধিকাৰী হয়। বৰ্তমান বহু ৰাভালোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে। পৰম্পৰাগত লোকনাট্য নৃত্য আৰু গীত ৰাভাসকলৰ সমাজৰ এক অবিচ্ছেদ্য অঙ্গ। তেওঁলোকে বিভিন্ন অনুষ্ঠানৰ আৰম্ভ আৰু শেষত নাচ আৰু গান থাকে। কোৱা হয় যে, সকলো ৰাভা মহিলাই নৃত্য আৰু গীতত পাৰদৰ্শী। অসমৰ অন্যতম প্ৰধান জনগোষ্ঠী ৰাভাসকলৰ ভাৰীগান এবিধ লোকনাট্য হিচাপে পৰিচিত। ৰাভা জনগোষ্ঠীৰ বিশেষকৈ কামৰূপ আৰু গোৱালপাৰা অঞ্চলৰ পাতিৰাভাসকলৰ মাজত এই ভাৰীগান অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। এই নাট্যবিধৰ আৰম্ভণি কেতিয়া হৈছিল তাৰ কোনো লিখিত তথ্য নাই। ভাৰীগান বোৰ কাহিনীৰ ৰূপত মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে। “ভাৰী” শব্দৰ অৰ্থ ওজন বা গধুৰ আৰু “গান” মানে হৈছে গীত। সাধাৰণতে সমাজৰ কোনো বিদ্বানলোক বা গুৰুৱে এই নাট্যশৈলীৰ বিষয়ে আভাস দিয়ে বাবে এই নাট্য বিধক পাতিৰাভাসকলে “গুৰুবিদ্যা” বুলিও কয়। এইবিধ নাট্যৰ প্ৰদৰ্শনত প্ৰধানকৈ ঢোল আৰু তাল ব্যৱহাৰ কৰা হয়। বিবাহ পদ্ধতি ৰাভা জনগোষ্ঠীৰ বিবাহৰ কাৰ্য অনুসৰি তিনিটা পৰ্ব্বত ভাগ কৰিব পাৰি- কইনাক সোধ পোচ কৰা, ভোজ, আঠ মঙলা। পদ্ধতি ৰাভাসকলে অতীজৰে পৰা পৰম্পৰাগত পদ্ধতিৰে বিবাহ কাৰ্য সম্পন্ন কৰে যদিও সাম্প্ৰতিক সময়ত ইয়াৰ পৰিবৰ্তন দেখা যায়। পৰম্পৰাগত ৰাভাসকলৰ পৰম্পৰাগত বিবাহৰ মূল পদ্ধতি ৫টা: ভূৰি চিংকায়(কইনা ধৰা)বা থুছি ছেকায়, নৰ(নোক) ধাংকায় (ঘৰ সোমোৱা), জাঙায় ধাংকায়(জোঁৱাই অনা বা সোমোৱা), কায় বিকায়(ছোৱালী টনা) বিবাহ, ক্ৰংছি ভৰি (বিধৱা বিবাহ)। ভূৰি চিংকায়(কইনা ধৰা) বা খুছি ছেকায় অভিভাৱকৰ মাজত পৰস্পৰ বুজা বুজিৰ মাজেদি সামাজিক ৰীতি নীতিৰে বিবাহ কাৰ্য সম্পন্ন হয় আৰু তিনিদিন ধৰি এই বিবাহ কাৰ্য চলে। নক(নোক) ধাংকায়(ঘৰ সোমোৱা) ৰাভা জনগোষ্ঠীৰ মায়তাৰি আৰু ৰংদানিসকলৰ মাজত এই পদ্ধতিৰে বিবাহ সম্পন্ন হয়। বয়োখথলীত ডেকা-গাভৰুৱে প্ৰণয়মূলক গীত গাই মনৰ পচন্দৰ দৰা বা কইনাক নিৰ্বাচিত কৰি থোৱা থাকিলে ৰংদানি ফৈদৰ গাভৰুৱে কাপোৰ কানিলৈ দৰাঘৰত সোমাইহি আৰু কাম কাজ কৰি দি আলসী খপিছিল। জাঙায় ধাংকায়(জোঁৱাই অনা বা সোমোৱা) চপনীয়া খতাকে ৰাভাসমাজত জাঙায় ধাংকায় বোলে। এই প্ৰথা দুই ধৰণৰ (ক)কেতিয়াবা ল'ৰা-ছোৱালীহালৰে মাজত বুজাবুজি হ'লে ল'ৰাই ছোৱালীৰ ঘৰত নিজ ইচ্ছা অনুসৰি চাপি লয়। (খ)কন্যা সন্তান থকা পৰিয়ালত ল'ৰা এজনক ছোৱালীৰ ঘৰলৈ সজাই পৰাই লৈ আনে। কায় বিকায়(ছোৱালী টনা)বিবাহ কোনো ল'ৰাৰ যদি ছোৱালী পছন্দ হয় আৰু ছোৱালীজনীয়ে আহিবলৈ অমান্তি হয় তেতিয়া ছোৱালীজনীকযোৰ জবৰদস্তি লৈ আনি পৰবৰ্তি সময়ত নোক ধাংকায় পদ্ধতিৰে বিবাহ সম্পন্ন কৰে। ক্ৰংছি ভৰি(বিধৱা বিবাহ) মৃত স্বামীৰ সম্পত্তিৰ উত্তৰাধিকাৰী এগৰাকী বিধৱা মহিলাই জাংকায় ধাংকায় পদ্ধতিৰে আন এজন পুৰুষৰ লগত বিবাহত সোমোব পাৰে। সেইদৰে পত্নীৰ মৃত্যুৰ পিছতো এজন পুৰুষে আন এগৰাকী পত্নী বিয়া কৰাব পাৰে। পৰিৱৰ্তন বৰ্তমান সংস্কাৰ আৰু পৰিবৰ্তনৰ ফলস্বৰূপে ৰাভাসমাজত বিবাহৰ দুবিধ পদ্ধতিৰ প্ৰচলন দেখা যায়: ৰাভা বিয়া বা কাম্বুং বিয়া-ৰাভা ভাষাৰে মন্ত্ৰ মাতি আৰু কাম্বুং মানৰ ৰাভা ৰিহাৰে গা ঢাকি এই বিয়া অনুষ্ঠিত কৰা হয়। লেমা বিয়া বা সাজা বিয়া-হিন্দু বিধি অনুসাৰে দৰাক সজাই পৰাই আনি কইনাৰ ঘৰত এই বিবাহ কাৰ্য সম্পন্ন কৰা হয়। উৎসৱ কেঁচাইখাতিবা লাঙামৰা কেঁচাইখাতি বা লাঙামৰা বসন্তকালীন পৰিৱেশত পালন কৰা এটা প্ৰধান অনুষ্ঠান। এই অনুষ্ঠানটোৰ উপাস্য দেৱতা হৈছে বুঢ়ালাঙা আৰু দেৱী হৈছে কেঁচাইখাতি বা মহামায়া। ৰাভাসকলে এই অনুষ্ঠান থানত পালন কৰে। এই অনুষ্ঠানটোৰ উপলক্ষ্যত ৰাভাসকলে ঘৰ-দুৱাৰ, আলি-পদূলি, চাফ-চিকুণ কৰি উপবাসত ব্ৰত পালনৰ মাজেদি দেওধনী নচুৱাই গাঁৱৰ পৰা অপায়-অমংগল দূৰ কৰাৰ বিশ্বাসত কলপটুৱাৰে নিৰ্মিত এটা ডিঙাত তুলি কেঁচা ভোগ এভাগ শোভাযাত্ৰা কৰি নদীত উটুৱাই দিয়ে। শোভাযাত্ৰাৰ সময়ত জাতীয় বাদ্য বজোৱাৰ উপৰি সংকীৰ্তন কৰা হয়। এই পূজাৰ বিশেষত্ব য়ে যে ইয়াত আই ন-ভনী আৰু অন্যান্য অপদেৱতাক দেওধনী নচুৱাই গাঁৱৰ পৰা মাতি বা খেদি নিওঁতে নিওঁতাসকলে গাঁৱৰ মানুহৰ ঘৰৰ বাহিৰত য'তে যি পায় মহতিয়াই লৈ যায়। সেইদিনা গৃহস্থই ঘৰৰ ভিতৰতে সোমাই থাকে। পূজাৰীসকলে পূজাৰ শেষত পিছলৈ উভতি নোহোৱাকৈ ঘৰত সোমায়। এই পূজাত বিভিন্ন দেৱ+দেৱীক বিভিন্ন বলি বিধানেৰে মদ-ভাত খাই গীত-নৃত্যৰে দিনটো অতিবাহিত কৰে। মাৰংগা বা হাছি এই পূজা গাঁৱত মাৰি মৰক, কটা-মৰা,অপমৃত্যু বা মহামাৰি আদি হ'লে এইবোৰৰ পৰা হাত সাৰিবলৈ পালন কৰা হয়। এই পূজা প্ৰতিবছৰে মাহতেই কোনোবা মংগল বা শনিবাৰে আবেলি হাছি পূজা অনুষ্ঠিত কৰে। এই পূজা অনুষ্ঠিত কৰিলে পাৰ হৈ বছৰটোৰ অপবাদ, অপৰাধ, অপকৰ্ম মৰিষণ হয় বুলি বিশ্বাস। পূজাৰ প্ৰধান উপচাৰসমূহ হৈছে পুৰণি তিতালাওৰ খোলা,উই পৰুৱাৰ শুকান বাহ, নকৈ বৈ উলিওৱা দীঘল নলাযুক্ত বিচনী আদি। এই সামগ্ৰীসমূহ এজোপা প্ৰকাণ্ড গছৰ গুৰিত বাঁহৰ কেইটামান খুঁটি পুতি তাৰ ওপৰত থৈ এটা বেদীত মদ বাকী, পিঠাগুৰি চটিয়াই আৰাধনা গীত স্তুত কৰি দেৱতাক পূজে। এই অনুষ্ঠানত নাবালক ল'ৰা-ছোৱালী, তিৰোতাসকলে পৰা বিৰত থাকে। হানাঘোঁৰা বা জাৰীঘোঁৰা বহাগৰ প্ৰথম দিনৰে পৰা সাদিনলৈকে ৰাভাসকলে ঁৰা নচুৱাই। তেওঁলোকে এই লোকনুষ্ঠানটোৰ আৱিৰ্ভাৱ সতীৰ বিৰহত দগ্ধ মহাদেউৰ তাণ্ডৱ নৃত্যৰ সৈতে জড়িত বুলি বিশ্বাস কৰে। এই ঁৰাটো বাহঁৰ পৰা সাজি লোৱা হয়। এই হানাঘোঁৰাটো সাজি উলিওৱাৰ পাছত এখন ৰাজহুৱা স্থানত বিহুৰ প্ৰথম দিনা বেদীত শিৱ পূজা আগবঢ়ায়। এই পূজাত কুকুৰাৰ কণী দুটাত সেন্দূৰৰ ঁট দি 'বুঢ়ালাঙা' ৰ নামত হানাঘোঁৰাৰ শিঙত লগায় দিয়ে। হানাঘোঁৰা ফুৰাওঁতে বিভিন্ন ধৰণৰ গীত-নৃত্য পৰিৱেশন কৰে। সাত বিহুৰ দিনাহে হানাঘোঁৰাৰ সামৰণি মাৰে। বিচুৱা,বহুৰাঙী বা বগেজৰী অন্যান্য জনগোষ্ঠীৰ দৰে ৰাভাসকলেও গৰু গা-ধুৱাই, বাঁহী চোতাল সাৰি-মছি পুৰণি বছৰক বিদায় দিয়ে। ৰাভাসকলে ব'হাগৰ প্ৰথম দিনটোত পূৰ্ব পুৰুষসকলক স্মৰণ কৰি পূজা-পাতল,মদ-ভাত, সাজপাৰ আদি অৰ্পণ কৰে। জাগাৰ কালী চ'ত-ব'হাগ বা জেঠ মাহত দেওধনী নচুৱাই ৰাভাসকলে জাগাৰ পূজা পালন কৰে। এই পূজাৰ প্ৰয়োজনীয় সামগ্ৰী হৈছে কল, চাউল, চেনি আদি। এই পূজাত বলি-বিধানো থাকে। তেওঁলোকে দেওধনী ৰ পৰা ভূত-ভৱিষ্যতৰ বাতৰিলৈ। লগতে চাওক দ'দান থান তথ্যসংগ্ৰহ অসমৰ জনগোষ্ঠী ৰাভা
59769
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%A8
ভাষাবিজ্ঞান
ভাষাবিজ্ঞান হ'ল ভাষাৰ প্ৰণালীবদ্ধ অধ্যয়ন। মানৱ সমাজত প্ৰচলিত যিকোনো আৰু সকলো ভাষাৰে ই অধ্যয়ন কৰে। এই ভাষাবোৰ কেনেকৈ গঠিত হৈছে, সময়ৰ সোঁতত বা প্ৰব্ৰজনৰ ফলত ইয়াৰ কেনেকৈ পৰিবৰ্তন হয় বা হৈছে, অন্য ভাষাৰ লগত ই কেনেদৰে সম্পৰ্কিত আৰু কোৱা লোকসকলে ইয়াক কেনেদৰে কয় ইত্যাদি বিষয়ে ভাষাবিজ্ঞানত আলোচনা কৰা হয়। ভাষাবিজ্ঞান নামটো ইংৰাজী ৰ অসমীয়া ৰূপান্তৰ। ভাষাবিজ্ঞানক আগতে আদি নামেৰে নামাঙ্কিত কৰা হৈছিল। পিছত অকল নামটোৰেই এই বিষয়ৰ অধ্যয়নক বুজোৱা হ'ল। মানে প্ৰেমী আৰু মানে ভাষা। আজিকালি ভাষাবিজ্ঞানক বুলিহে কয়। ৰ অৰ্থ মাত, কথা অৰ্থাৎ ভাষা আৰু ৰ অৰ্থ জ্ঞান বা বিজ্ঞান। ৰ মতে “ভাষাবিজ্ঞান হ'ল এনে এবিধ বিজ্ঞান, যি ভাষাটোৰ অভ্যন্তৰীণ গঠন বিশ্লেষণ কৰি ভাষাটো বুজিবলৈ চেষ্টা কৰে।” ভাষাবিজ্ঞানীৰ প্ৰথম কাম হ'ল মানুহে ভাষাটো কেনেকৈ কয় বা লিখে তাকে বৰ্ণনা কৰাটো; তেওঁলোকে কেনেকৈ কোৱা বা লিখা উচিত তাৰ বিধান দিয়াটো নহয়। অন্য অৰ্থত, ভাষাবিজ্ঞান হ'ল বৰ্ণনামূলক- নিদানমূলক নহয়। ভাষাৰ জন্ম, ভাষাৰ উপাদান আৰু প্ৰকৃতি ইত্যাদি বিশেষ ভাষা নিৰপেক্ষ বিষয় অৰ্থাৎ ভাষাৰ সামগ্ৰিক দিশৰ ওপৰত ভাষাবিজ্ঞানে পৰ্যালোচনা চলায়। স্থানীয় উপভাষাসমূহ ভাষাবিজ্ঞানীৰ বাবে গভীৰ আকৰ্ষণৰ বস্তু। উপভাষাবোৰৰ বৈচিত্ৰই তেওঁক কামৰ সমল যোগায় বাবেই নহয়, ভাষাটোৰ মান্য আৰু উপ-মান্য ৰূপৰ মূল আৰু ইতিহাসো এনে স্থানীয় ভাষাৰ আলোকতে বিচাৰ কৰা সম্ভৱ। ভাষাবিজ্ঞানৰ শাখা বৰ্ণনাত্মক ভাষাবিজ্ঞান ঐতিহাসিক ভাষাবিজ্ঞান তুলনামূলক ভাষাবিজ্ঞান এইবোৰৰ উপৰিও আৰু কেবাটাও অন্যান্য শাখা আছে। সেইবোৰ হ'ল— সাধাৰণ ভাষাবিজ্ঞান প্ৰয়োগিক ভাষাবিজ্ঞান ভেদাত্মক ভাষাবিজ্ঞান মনস্তাত্ত্বিক ভাষাবিজ্ঞান নৃতাত্ত্বিক ভাষাবিজ্ঞান সমাজ ভাষাবিজ্ঞান বৰ্ণনাত্মক ভাষাবিজ্ঞান কোনো এটা ভাষাৰ কোনো এক নিৰ্দিষ্ট সময়ৰ অধ্যয়নকে বৰ্ণনাত্মক ভাষাবিজ্ঞান বোলে। ইয়াত ভাষাটোৰ অতীত বা ভৱিষ্যতৰ গতিক লৈ কোনো আলোচনা কৰা নহয়। কথিত ভাষাৰ প্ৰতি এই শাখাৰ এটা দুৰ্বলতা আছে। যি ভাষাৰ কোনো প্ৰাচীন নিদৰ্শন নাই, যি ভাষা কেতিয়াও লিপিবদ্ধ হোৱা নাই, তেনে ভাষাক সহজে বিশ্লেষণ কৰিবলৈ এই শাখা অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। এই শাখাটোক সমকালীন বা সমকালিক ভাষাবিজ্ঞান বুলিও কোৱা হয়। ঐতিহাসিক ভাষাবিজ্ঞান কোনো এটা ভাষাৰ বিভিন্ন সময়ৰ ৰূপ অৰ্থাৎ ভাষাৰ সময়ৰ সোঁতত কেনেদৰে পৰিৱৰ্তন আৰু বিকাশ হয়, তাৰে বিতং আলোচনা ইয়াত কৰা হয়। বৰ্ণনাত্মক ভাষাবিজ্ঞান ঐতিহাসিক ভাষাবিজ্ঞানৰ ভেটিস্বৰূপ। ঐতিহাসিক ভাষাবিজ্ঞানৰ আন এটি নাম হ'ল কালক্ৰমিক ভাষাবিজ্ঞান। তুলনামূলক ভাষাবিজ্ঞান এই শাখাত দুই বা ততোধিক সমগোত্ৰীয় ভাষাৰ মাজত তুলনামূলক বিচাৰ বিশ্লেষণ কৰা হয়। কেতিয়াবা একেটা ভাষাৰে প্ৰাচীন আৰু আধুনিক ৰূপৰ তুলনাও এই শাখাত কৰা হয়। তুলনামূলক ভাষাবিজ্ঞানৰ জৰিয়তে বিভিন্ন ভাষাৰ পূৰ্ব ৰূপৰ নিৰূপণৰ দ্বাৰা ভাষাৰ পাৰিবাৰিক সম্পৰ্ক স্থাপন কৰিব পাৰি। ভাষাবিজ্ঞানৰ অধ্যয়নৰ স্তৰ ধ্বনিতত্ত্ব ৰূপতত্ত্ব বাক্যতত্ত্ব শব্দাৰ্থতত্ত্ব ধ্বনিবিজ্ঞান ভাষাৰ মূল হ'ল ধ্বনি। ধ্বনিৰ বিষয়ে য'ত পুংখাপুঙ্খভাৱে অধ্যয়ন কৰা হয় সেয়াই ধ্বনিৰ উচ্চাৰণ উচ্চাৰণ কৰোঁতে প্ৰয়োগ হোৱা বাগিন্দ্ৰিয়, উচ্চাৰণৰ বিভিন্ন কৌশল বা ধৰণ আৰু স্থান, ধ্বনিৰ লক্ষণ, গুণ আৰু এইবোৰৰ প্ৰকৃতি বা স্বৰূপ আদিৰ বিজ্ঞানসন্মত সূক্ষ্ম আলোচনা কৰা হয় ধ্বনিবিজ্ঞানত। ধ্বনিবিজ্ঞানক আকৌ তিনিটা ভাগত ভাগ কৰা হয়। উচ্চাৰণাত্মক ধ্বনিবিজ্ঞান শ্ৰুতিবিজ্ঞান ধ্বন্যাত্মক ধ্বনিবিজ্ঞান উচ্চাৰণাত্মক ধ্বনিবিজ্ঞান ধ্বনিৰ উচ্চাৰণ, উচ্চাৰণৰ বাগিন্দ্ৰিয়বোৰৰ বৰ্ণনা, উচ্চাৰণৰ স্থান, প্ৰকাৰ আৰু কৌশল অনুসৰি ধ্বনিৰ শ্ৰেণী বিভাগ আদিৰ আলোচনাক উচ্চাৰণাত্মক ধ্বনি বিজ্ঞান কোৱা হয়। শ্ৰুতি বিজ্ঞান বক্তাৰ মুখৰ পৰা উচ্চাৰিত ধ্বনিয়ে বক্তা আৰু শ্ৰোতাৰ মাজত থকা বায়ুমণ্ডলত অসংখ্য ঢৌৰ সৃষ্টি কৰে। এই ঢৌবোৰে শ্ৰোতাৰ কাণ মাদলত খুন্দা মাৰেগৈ। কাণ মাদলৰ স্নায়ুমণ্ডলীয়ে এই খুন্দাৰ প্ৰতিক্ৰিয়া মগজুলৈ পঠায়। মগজুত এই প্ৰতিক্ৰিয়াৰ ব্যাখ্যা হয় আৰু তেতিয়াহে শ্ৰোতাই শুনে। বক্তাৰ মুখৰ পৰা উচ্চাৰিত ধ্বনিৰ দ্বাৰা বায়ুমণ্ডলত ঢৌৰ সৃষ্টি হয়। এই ঢৌবোৰৰ আৰু গতি আদিৰ য'ত আলোচনা কৰা হয় তাৰ নাম শ্ৰুতি বিজ্ঞান। ধ্বন্যাত্মক ধ্বনিবিজ্ঞান উচ্চাৰিত বাগধ্বনিসমূহে শ্ৰৱণেন্দ্ৰিয়ত ঠেকা খাই মহজুত কি ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সেই সম্পৰ্কে ধ্বনি বিজ্ঞানৰ যি শাখাত আলোচনা কৰা হয় তাকে ধ্বন্যাত্মক ধ্বনি বিজ্ঞান বোলে। ৰূপতত্ত্ব ৰূপতত্ত্বৰ মূল আধাৰ হ'ল ৰূপ। ইংৰাজীত ৰূপৰ প্ৰতিশব্দ ৰূপতত্ত্ব হ'ল ভাষাত ব্যৱহৃত ৰূপ বা ৰূপাংশৰ বিশ্লেষণ অৰ্থাৎ শব্দগঠন আৰু পদৰ পৰ্যালোচনা। ৰূপ হ'ল ভাষা এটাৰ ক্ষুদ্ৰতম অৰ্থবহ গোট। অৰ্থৰ ই অবিভাজ্য গোট। ৰূপ দুবিধ- যিবোৰ ৰূপ বাক্যত অকলে ব্যৱহাৰ হ'ব পাৰে সেইবোৰক মুক্তৰূপ আৰু যিবোৰ ৰূপ বাক্যত অকলে ব্যৱহাৰ হ'ব নোৱাৰে সেইবোৰক বদ্ধৰূপ বোলে। বাক্যতত্ত্ব গ্ৰীক পদৰ পৰা গঠিত পদৰ আভিধানিক অৰ্থ ৰ অসমীয়া প্ৰতিশব্দ বাক্যবিন্যাস বা বাক্যতত্ত্ব। গ্ৰীক শব্দৰ মূল অৰ্থ একত্ৰ বিন্যাস বা সহ বিন্যাস। সংস্কৃত ব্যাকৰণবিদে বাক্যগঠন প্ৰক্ৰিয়াক বাক্যবিন্যাস, বাক্যবিবেক, পদান্বয় আদি অভিধাৰে বুজাইছিল। দৰাচলতে বাক্যতত্ত্বত বাক্যগঠনৰ ৰীতি প্ৰকৃতি সম্বন্ধে বিচাৰ বিশ্লেষণ কৰা হয়। বাক্যই মানুহৰ মনৰ ভাব এটিক পূৰ্ণভাবে প্ৰকাশ কৰে। সেয়েহে ভাষাক বাক্যভিত্তিক বুলি কোৱা হয়। বাক্যই মানুহৰ মনৰ ভাব এটিক পূৰ্ণভাবে প্ৰকাশ কৰে। সেয়েহে ভাষাক বাক্যভিত্তিক বুলি কোৱা হয়। বাক্য এটাত ব্যৱহাৰ হোৱা পদবোৰ লগ লগাৰ এটা ব্যৱহাৰ পদবোৰ লগ লগাৰ এটা নিৰ্দিষ্ট প্ৰণালী আছে। প্ৰত্যেক ভাষাৰ বাক্য গঠন প্ৰণালীৰ বৈশিষ্ট্য আছে। প্ৰত্যেক ভাষাৰে কিছুমান বাক্য মৌলিক বা সাৰ স্বৰূপ। বাকীবোৰ বাক্য সেই মৌলিক বাক্যৰ পৰা উৎপন্ন হয়। আকৌ দেখা যায় যে জটিল বাক্যবোৰ সৰল বাক্যৰ সমহাৰত গঢ়ি উঠে। কিছুমান বাক্য আকৌ দেখাত সদৃশ। কিন্তু অৰ্থৰ ফালৰ পৰা পৃথক। বাক্যতত্ত্বত একোটা ভাষাত ব্যৱহৃত পদসমূহৰ প্ৰণালী, ইটো পদৰ লগত সিটো পদৰ সম্পৰ্ক, সেই সম্পৰ্কৰ প্ৰকাৰ ভেদ আদিৰ বিশ্লেষণ থাকে। শব্দাৰ্থতত্ত্ব শব্দাৰ্থ তত্ত্ব বা অৰ্থবিজ্ঞান ভাষাবিজ্ঞানৰ এটা উল্লেখযোগ্য স্তৰ। মানুহে ভাব বিনিময়ৰ বাবে ব্যৱহাৰ কৰা বাক্য, উক্তি বা শব্দৰ অৰ্থৰ বিষয়ে বিজ্ঞানসন্মত বিশ্লেষণেই শব্দাৰ্থ তত্ত্ব বা অৰ্থবিজ্ঞান। শব্দাৰ্থ তত্ত্বক ইংৰাজীত বুলি কোৱা হয়। আচলতে শব্দাৰ্থ তত্ত্ব বুজাবলৈ ইংৰাজীত আদি বহু শব্দ প্ৰথম অৱস্থাত ব্যৱহৃত হৈছিল। বৰ্তমান এই নামবোৰৰ ব্যৱহাৰ প্ৰায়ে নায়েই।
59564
https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%80%E0%A6%AA%E0%A7%81%E0%A7%B0%2C%20%E0%A6%97%E0%A7%8B%E0%A7%B1%E0%A6%BE%E0%A6%B2%E0%A6%AA%E0%A6%BE%E0%A7%B0%E0%A6%BE
লক্ষীপুৰ, গোৱালপাৰা
লক্ষীপুৰ হৈছে অসমৰ গোৱালপাৰা জিলা গোৱালপাৰা মহকুমাৰ এখন নগৰ। এই নগৰখন গোৱালপাৰা জিলা কাৰ্যালয়ৰ ৪৮ কিঃমিঃ পশ্চিমত অৱস্থিত। বৰ্তমান লক্ষীপুৰ নগৰত ৪টা ৱাৰ্ড আছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি লক্ষীপুৰ নগৰ সমিতিত মুঠ জনসংখ্যা ১৫,৬৩৩ যাৰ ৮,০৪৬ জন পুৰুষ আৰু ৭,৫৮৭ গৰাকী মহিলা। জমিদাৰকালীন সময়ত লক্ষীপুৰ মেচপাৰা ইষ্টেটৰ ৰাজধানী আছিল। নগৰখনৰ উত্তৰাংশত জমিদাৰসকলৰ আবাসগৃহসমূহ আছিল। জমিদাৰ লক্ষ্মীনাৰায়ণ চৌধুৰীৰ নামেৰে ঠাইখনৰ নাম লক্ষ্মীপুৰ বা লক্ষীপুৰ হয়। প্ৰাকৃতিক বিৱৰণ গোৱালপাৰা জিলাৰ প্ৰাকৃতিক বিৱৰণ অনুসৰি লক্ষীপুৰ অঞ্চলটো চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ গোটৰ অন্তৰ্গত। লক্ষীপুৰ অঞ্চল চাৰিওপিনে পাহাৰ ক্ষয়বিশিষ্ট টিলা আৰু চৰ অঞ্চলৰ দ্বাৰা পৰিবেষ্টিত। এটা সময়ত চৰ অঞ্চলবোৰ কৃষি ক্ষেত্ৰত বৰ উন্নত আছিল। বিশেষকৈ ধান আৰু মৰাপাটৰ বাবে। লক্ষীপুৰ নগৰৰ মাটিকালিৰ পৰিমাণ ২ বৰ্গ মাইল। ১৯৭১ চনত চৰকাৰী ঘোষনাৰ দ্বাৰা লক্ষীপুৰ নগৰ ৰূপে স্বীকৃতি লাভ কৰে। নগৰখনৰ পূৱে জিঞ্জিৰাম নৈ আৰু নিদানপুৰ ২য় খণ্ড, পশ্চিমে খাৰুভাজ গাঁও, উত্তৰে শিলাপানি আৰু বলমাৰি গাঁও, উত্তৰ-পশ্চিমে গাৰা নৈয়ে আবৃত ৰাখিছে, দক্ষিণে সালহানা গাঁও। লক্ষীপুৰ নগৰৰ চাৰিওফালে নৈয়ে আবৰি আছে। নগৰখনৰ পূব আৰু দক্ষিণ দিশত জিঞ্জিৰাম নদী আৰু উত্তৰ আৰু পশ্চিম দিশত গেৰা নদী প্ৰবাহিত হৈছে। লক্ষীপুৰৰ পূব দিশত থকা ভাই-ভনী পাহাৰ খুবেই জনপ্ৰিয় কিয়নো ইয়াত বহাগৰ বিহুত কেবাদিন ব্যাপী মেলা হয়। ৰাজনীতি লক্ষীপুৰ নগৰখন পশ্চিম গোৱালপাৰা আৰু জলেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত। ইয়াৰ সকলো অংশ ধুবুৰী লোকসভাৰ অন্তৰ্ভুক্ত। লক্ষীপুৰ মহকুমা লক্ষীপুৰ মহকুমাটো ২৬ জানুয়াৰী ২০১৬ এই ৰাজ্যৰ মুখ্যমন্ত্ৰী তৰুন গগৈয়ে ঘোষণা কৰিছিল। লক্ষীপুৰ ৰাস্তাৰে জলেশ্বৰৰ লগত সংযুক্ত আৰু নদীপথেৰে ধুবুৰীৰ লগত সংযুক্ত। এই মহকুমাৰ ওচৰত জলেশ্বৰ, চুনাৰী নামৰ কেইটামান গাঁও আছে। লক্ষীপুৰ দুটা প্ৰধান ৰাস্তাৰে জিলা সদৰ গোৱালপাৰাৰ লগত সংযুক্ত, এটি আমবাৰী হৈ, আৰু অনটি বায়দা, ৰংছাই হৈ। নগৰটো বিকাশৰ পৰ্যায়ত আছে আৰু লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দ্বাৰা প্ৰাথমিক চিকিৎসাৰ সুবিধা দি আছে। প্ৰাচীনতম স্কুলবিলাকৰ ভিতৰত এটি লক্ষীপুৰ উচ্চ মাধ্যমিক বিদ্যালয়। বিদ্যালয়টো নগৰৰ কেন্দ্ৰস্থলত অৱস্থিত। ব্ৰিটিছ যুগৰ শিক্ষা প্ৰদান কৰি আহিছে। এই নগৰৰ আশেপাশে বহুত কেইটা বেচৰকাৰী স্কুল আৰু চৰকাৰী স্কুল আছে। লক্ষীপুৰ কলেজ নগৰৰ একমাত্ৰ কলেজ। লক্ষীপুৰৰ থানাটো ১৯১১ চনৰ পৰা এই নগৰৰ আশেপাশে শান্তি বজাই ৰাখিবলৈ তদাৰকি কৰি আহিছে। নগৰ সমিতি আৰু ৱাৰ্ড ১৯৭১ চনত চৰকাৰী ঘোষোনাৰ দ্বাৰা লক্ষীপুৰ নগৰ ৰূপে স্বীকৃতি লাভ কৰে। নগৰ সমিতিৰ প্ৰথম সভাপতি আছিল মনীন্দ্ৰ নাৰায়ণ চৌধুৰী। তেতিয়াৰ পৰা প্ৰথমতে ও পৰৱৰ্তী সময়ত ৫ বছৰৰ মূৰে মূৰে নিৰ্বাচনৰ দ্বাৰা নগৰ সমিতি গঠন হৈ আছে। লক্ষীপুৰ নগৰখন ৪টা ৱৰ্ডত বিভক্ত ১ নং ৱাৰ্ডৰ অন্তৰ্গত ঠাইবোৰ হ'ল আমবাৰী, মানাসপাৰা, ফলিমাৰী, গাডলাৰ পাম, ফেতেটাৰী, শান্তিপুৰ। ২ নং ৱাৰ্ডৰ অন্তৰ্গত ঠাইবোৰ হ'ল ৰাজবাৰী, বামুণপাৰা, পালপাৰা, মিলন নগৰ, কলেজ নগৰ, মিস্ত্ৰীপাৰৰ কিছু অংশ। ৩ নং ৱাৰ্ডৰ অন্তৰ্গত ঠাইবোৰ হ'ল বজাৰ, হালুৱাপাৰা, নতুন বজাৰ, ইটাখুলি, আমোলাপট্টি, নিদানপুৰৰ কিছু অংশ। ৪ নং ৱাৰ্ডৰ অন্তৰ্গত ঠাইবোৰ হ'ল হাতীপাৰা, হীৰাপাৰা, বকুলতলা, বৰকন্দাজপাৰা, মাঋিপাৰা, খাকিলামাৰি, হাজংপাৰা আদি। অনুষ্ঠান প্ৰতিষ্ঠান প্ৰাক স্বাধীনতা কালৰে পৰা লক্ষীপুৰত বহুত অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন হৈ আছে। লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়: ভাৰত স্বাধীন হোৱাৰ ১২ বছৰ পূৰ্বে লক্ষীপুুৰৰ মাজমজিয়াত ঐতিহ্যমণ্ডিত লক্ষীপুৰ হায়াৰ চেকেণ্ডাৰী স্থাপন কৰা হয়। বৃহত্তম অঞ্চলত শিক্ষাৰ পোহৰ বিলোৱাৰ ক্ষেত্ৰত এই শিক্ষা প্ৰতিষ্ঠানটোৱে অগ্ৰণী ভূমিকা পালন কৰি আহিছে। ৰামকৃষ্ণ আশ্ৰম শিক্ষানুষ্ঠান: ১৯৭০ চনত লক্ষীপুৰত ৰামকৃষ্ণ আশ্ৰম গঢ়ি তোলা হয়। ইয়াৰ পিছৰ বছৰতে এই আশ্ৰমৰ আদৰ্শত কিছু শিক্ষানুষ্ঠান গঢ়ি তোলা হয়। ১৯৭১ চনত ৰামকৃষ্ণ আশ্ৰম এল, পি, স্কুল, ৰামকৃষ্ণ এম, ই, স্কুল (১৭৭৬) আৰু পিছত ৰামকৃষ্ণ আশ্ৰমৰ হাইস্কুলো স্থাপন কৰা হয়। লক্ষীপুৰ মহাবিদ্যালয়: লক্ষীপুৰ মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ প্ৰাথমিক কুচ-কাৱাজ আৰম্ভ হৈছিল ১৯৬৮ তে। অৱশ্যে ১৯৮১ত হে ইয়াক প্ৰতিষ্ঠানিক ৰূপ দিয়া হয়। বৰ্তমানৰ বৰদলৈ হলত ইয়াৰ প্ৰাৰম্ভিক পাঠদান চলিছিল। পৰৱৰ্তী সময়ত বৰ্তমানৰ ঠাইত ইয়াক স্থানান্তৰ কৰা হয়। ইয়াৰোপৰি লক্ষীপুৰত বহুতো চৰকাৰী শিক্ষানুষ্ঠান আছে। এইবোৰ হ'ল হীৰাপাৰা এল, পি, স্কুল (১৯৭৬), শিশুজ্যোতি প্ৰাথমিক বিদ্যালয় (১৯৭৫), সবিতা প্ৰাথমিক বিদ্যালয় (১৯৭৬), ফলিমাৰী এল, পি, স্কুল (১৯৮৩) ফলিমাৰী হাই স্কুল (১৯৭১) আৰু গাৰ্লছ এম, ই, স্কুল (বৰ্তমান লক্ষীপুৰ টাউন স্কুল) ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠান: ১৯৯০ চনত লক্ষীপুৰত পোন প্ৰথমবাৰৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰা হয়। এই শিক্ষা প্ৰতিষ্ঠানখন হ‛ল ৱেলকিন ইংলিছ স্কুল। ইয়াৰ পিছত বহুত ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান গঢ়ি উঠিছে। এইবোৰ হ'ল বিশ্বজ্যোতি জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু বিদ্যা নিকেতন, লক্ষীপুৰ ইংলিছ স্কুল, এন, এন, চি জাতীয় বিদ্যালয়, বহুমুখী আদৰ্শ জাতীয় বিদ্যালয় আদি। প্ৰধান ভাষা লক্ষীপুৰত প্ৰধানকৈ অসমীয়া, বঙালী, ৰাভা আৰু বড়ো ভাষা অধিক জনপ্ৰিয়। ইয়াৰ উপৰিও লক্ষীপুৰৰ স্থানীয় ভাষা অলপ বেলেগ। ইয়াৰে কিছুমান মানুহে 'অসমীয়া-গোৱালপাৰীয়া' মিহলি থকা এটি ভাষাত কথা পাতে, আৰু এই ভাষাটোক কিছুমানে 'লক্ষীপুৰীয়া' ভাষা আৰু কিছুমানে 'উজানী' বা দেশী বুলি কয়। লক্ষীপুৰত বসবাস কৰা বেছিভাগ মুছলমান লোকসকলে কথা-বতৰত মইমনিসঙীয়া ভাষাৰ প্ৰয়োগ কৰে, স্থানীয় লোকে এই ভাষাটোক 'ভাটীয়া' ভাষা বুলি কয়। ইয়াৰ উপৰিও গোৱালপাৰাৰ নিজা ভাষা গোৱালপৰীয়া, যিটো নামনি অসমত অধিক জনপ্ৰিয়। তথ্যসূত্ৰ অসমৰ
44609
https://as.wikipedia.org/wiki/%E0%A6%9C%E0%A6%BE%E0%A6%AE%E0%A7%81%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A6%9F
জামুগুৰিহাট
জামুগুৰি হাট শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰিহাট এখন সৰু চহৰ। জামুগুৰি হাটক নতুনকৈ চহৰ অঞ্চল বুলি পৰিকল্পনা কৰা হৈছে। ২০২২ চনৰ মাৰ্চমাহত জামুগুৰি-চতিয়া পৌৰসভাৰ প্ৰথমটো নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ যায়। এই অঞ্চলটো ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ দিশে অৱস্থিত। অঞ্চলটো কলা-কৃষ্টিৰ দিশেৰে এটি চহকী অঞ্চল। মূলতঃ হিন্দু লোক প্ৰধান অঞ্চলটোৰ সৰ্বত্ৰ শান্তি বিৰাজমান। ২০০ বছৰ পুৰণি বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ বাবে জামুগুৰি হাট বিখ্যাত। ভৌগোলিক অৱস্থান বৃহৎ জামুগুৰি অঞ্চলটো ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে গুৱাহাটী মহানগৰৰ পৰা ২৪৪কিলোমিটাৰ আৰু তেজপুৰ চহৰৰ পৰা ৪৫কিলোমিটাৰ দূৰৈত অৱস্থিত।এই অঞ্চলটো উত্তৰে ২৬.৭৩° অক্ষাংশ আৰু পূৱে ৯২.৯৩° দ্ৰাঘিমাংশ। মূলতঃ চাহ আৰু ধান খেতিৰ ওপৰতেই এই চহৰৰ অৰ্থনৈতিক অৱস্থা নিৰ্ভৰশীল। ২০০১ চনৰ লোকপিয়ল অনুসৰি অঞ্চলটোৰ ১৯,৭৪৩ জনসংখ্যা মুঠ ৫২খন গাঁৱত বিভক্ত। অঞ্চলটোত মূলতঃ অসমীয়া, নেপালী, বঙালী, মুছলমান লোক সকলে সম্প্ৰীতিৰে বাস কৰে। সৰ্বমুঠ ৬০টা নামঘৰ আৰু মন্দিৰ এই অঞ্চলত আছে। মুঠ জনসংখ্যাৰ প্ৰায় ১৫% লোক চৰকাৰী চাকৰিয়াল,৩৫% লোকে ব্যৱসায়-বাণিজ্যৰ বিপৰীতে ৫০% লোক খেতি-বাতিৰ সৈতে জড়িত। কাণী দিকৰাই আৰু জিয়াভৰলী নৈৰ মাজৰ এই জামুগুৰিৰ উত্তৰ পাৰত ছিজোচা বনভোজ স্থলী আৰু দক্ষিণ পাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে। জলবায়ু গ্ৰীষ্মকালীন উষ্ণতাৰ বিপৰীতে শীতকালত ফেব্ৰুৱাৰী মাহৰ মাজভাগলৈ নিশা উষ্ণতা যথেষ্ট নিম্নগামী হয়। পুৱাৰ ভাগত ডাঠ কুঁৱলী পৰে। সম্পূৰ্ণ বছৰটোত তাপমাত্ৰা ১৫°ৰ পৰা ২৩°ৰ ভিতৰত থাকে। অঞ্চলটোৰ জলবায়ু বিভিন্ন প্ৰকাৰৰ খেতিৰ বাবে উপযোগী শিক্ষানুষ্ঠান সমূহ শিক্ষাৰ দিশেৰে জামুগুৰিহাট এখন উন্নত ঠাই। এই অঞ্চলটোত ২০০খন চৰকাৰী এল.পি স্কুল, ২০খন এম.ই স্কুল, ৮খন চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় থকাৰ উপৰিও ৪খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এখন চৰকাৰী মহাবিদ্যালয়(ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়) আছে। বৃহত্তৰ ন-দুৱাৰ অঞ্চলৰ এইখনেই একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খন ১৯৬৩ চনতেই জামুগুৰিহাটৰ মূল কেন্দ্ৰৰ পৰা ৩ কিলোমিটাৰ দূৰৈত অৱস্থিত কুসুমটোলা অঞ্চলত তেতিয়াৰ ৫২নং ৰাষ্ট্ৰীয় ঘাইপথ(এতিয়া ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ বুলি নামকৰণ হ'ল)ৰ দাঁতিত প্ৰতিষ্ঠিত হয়। আনহাতে ১৯২৫চনতেই প্ৰতিষ্ঠিত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খনেই বৃহত্তৰ জামুগুৰি হাট অঞ্চলৰ প্ৰথমখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। বৰ্তমান কেইবাখনো ব্যক্তিগতখণ্ডৰ অসমীয়া আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয় আৰু এখন জুনিয়ৰ কলেজ(কলা আৰু বাণিজ্য শাখা) প্ৰতিষ্ঠাপন হৈছে। জামুগুৰি হাটৰ সংস্কৃতি অসমীয়া সংস্কৃতিৰ উৰ্বৰ ক্ষেত্ৰ জামুগুৰি হাট বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ বাবে বিখ্যাত। ইয়াৰোপৰি বৰপুখুৰী পাৰৰ মুকলি বিহু, কোঁচ গাঁৱৰ কালীয়দমন ভাওনা, পাতলৰ চুক গাঁৱৰ বোকা খেছা ভাওনা আদি অনুষ্ঠান বোৰৰ বাবেই জামুগুৰি সংস্কৃতিৰ দিশেৰে চহকী বাৰেচহৰীয়া ভাওনা মহোৎসৱ বাৰেচহৰীয়া ভাওনা অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰি হাটত প্ৰতি ৫ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ। 'বাৰে' মানে অনেক আৰু 'চহৰীয়া' মানে ৰাইজ। গতিকে অনেক গাঁৱৰ ৰাইজ একগোট হৈ যি ভাওনা উদযাপন কৰে সেয়াই বাৰেচহৰীয়া ভাওনা। এই ভাওনাই প্ৰায় ২১৩ বছৰ ধৰি এই অঞ্চলৰ ঐতিহ্য বহন কৰি আহিছে। আনুমানিক ১৭৯৭-৯৮ চনৰ পৰা বৰ্তমানলৈকে জামুগুৰি হাটত এই ভাওনা অনুষ্ঠিত হৈ আহিছে। বাঘভেটা মহোৎসৱ বাঘভেটা জামুগুৰি হাটৰ এটি বিলুপ্ত ঐতিহ্য। জামুগুৰি হাট, অসমৰ শোণিতপুৰ জিলাৰ ঐতিহাসিক গুৰুত্বৰ এটি স্থান। বাঘভেটাৰ ঐতিহ্য লাহে লাহে হেৰাই গৈ এতিয়া লুপ্ত। এতিয়ালৈ আগৰ সেই বনো নাই। আনকি বাঘৰ সংখ্যাওঁ অবিশ্বাস্যভাবে কমি গ'ল। বৰ্তমান সময়ত বাঘৰ লগতে অন্যান্য বনৰীয়া জন্তুৰ বধ অবৈধ ঘোষণা হৈছে। পূৰ্ৱতে জামুগুৰি হাট ও অন্যান্য স্থানত জিয়া-ভৰলী নদীৰ পূবদিশে বাঘ ও অন্যান্য বন্য জন্তুৰ সন্ত্ৰাস লক্ষণীয় আছিল। এই অঞ্চলৰ মানুহৰ আৱাসস্থলৰ পৰা বাঘ বোৰ নোহোৱা কৰিবৰ বাবে জিয়া ভৰলী নদীৰ পূৰ্ব অংশৰ নাগৰিকসকল একত্ৰিত হৈছিল আনকি অতি শীঘ্ৰেই এই স্থানত এটি বাঘ ভেটাৰ উৎসৱ অনুষ্ঠিত কৰিবলৈ সম্মত হয়। সেই সময়ত বাঘ হত্যা কৰাটো অপৰাধ নাছিল। বাঘ ধৰিবৰ বাবে গ্ৰাম্য অঞ্চলৰ মানুহ বোৰে মৰাপাতৰ জৰী প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে। নিৰ্দিষ্ট দিনৰ পূৰ্বেই এই উৎসৱৰ খবৰ সমস্ত অঞ্চলত বিয়পাই দিয়া হ'ল। বাঘ ধৰিবৰ বাবে মানুহ বোৰে মৰাপাতৰ প্ৰকাণ্ড জাল আৰু অন্যান্য অস্ত্ৰৰে সৈতে অধিৰ আগ্ৰহেৰে আগবাঢ়ি আহিল। বাঘ ধৰাৰ পদ্ধতি দুটা আছিল। প্ৰথম পদ্ধতিত, বাঘৰ তিনওঁফালে জাল ব্যবহাৰ কৰা হৈছিল, আৰু আনফালে আছিল বাঘভেটিবলৈ ওলাই অহা সমগ্ৰ জামুগুৰি বাসি ৰাইজ। এই প্ৰক্ৰিয়াত, যদি বাঘটো জালৰ মাজেৰে ওলাই যায়, বা ওলাই যাবলৈ অপ্ৰাণ চেষ্টা কৰে, তেন্তে সেই জাল যি গাঁৱৰ লোকে প্ৰস্তুত কৰিছিল তেওঁলোকে জৰিমনা ভৰিব লগা হৈছিল। সাধাৰণতে এই জালবোৰ নতুন মৰাপাতৰ দ্বাৰা ইমানেই শক্তিশালী কৈ গুঁঠিছিল যে, বাঘে সেই জাল কোনো ৰকমেই ফালিব পৰা নাছিল। যদি বাঘে জাল ফলাৰ চেষ্টাওঁ কৰে, তেন্তে বাঘভেটা ৰাইজে বলমৰ দ্বাৰা হানি-খুচি বাঘটোক অৱশ কৰি পেলাইছিল। দ্বিতীয় পদ্ধতিত, এটা চিকাৰ(এটা মৰা ছাগলী বা অন্য কোনো প্ৰাণী) বাঘ ধৰিবলৈ ব্যবহৃত হৈছিল। ফাঁপা (জাপ)ৰ দৰে এটা খাঁচা প্ৰস্তুত কৰা হয় ইয়াৰ ভিতৰত চিকাৰটোক এনেভাৱে ৰখা হয় যে সঁজাটোৰ ভিতৰত সোমাই চিকাৰটোক খাবলৈ ল'লেই সঁজাটোৰ দৰ্জাখন বন্ধ হৈ বাঘটো বন্দী হৈ পৰে। দৰ্জা বন্ধ কৰি বাঘ ধৰাৰ এই পদ্ধতিটো 'বাঘজাপে' নামেৰে পৰিচিত। ঐতিহ্যবাহী 'বাঘ ভেটা' উৎসৱ অসমত সংস্কৃতিত ৰীতিৰ দৰে প্ৰচলিত হৈছিল। জামগুৰিহাট বাসীৰ এই ঐক্য তথা সাহসৰ প্ৰতিফলন ঘটা 'বাঘভেটা' উৎসৱ আজিৰ দিনত এটি কিংবদন্তি স্বৰূপ হৈ উঠিল। কালীয়দমন ভাওনা ভাওনাৰ বাবে জামুগুৰি হাট বিখ্যাত। এই এলেকাৰ সমস্ত গ্ৰাম্য বাসীয়ে মহাপুৰুষ শঙ্কৰদেৱ ও মহাপুৰুষ মাধবদেবেৰ স্মৰণৰ হেতু ভজন কীৰ্ত্তন কৰে। জামুগুৰি হাটৰ অন্যতম জনপ্ৰিয় ভাওনা হৈছে কোচগাৱৰ কালিয়দমন ভাওনা। এই ভাওনা, কোচগাঁও নামঘৰত শঙ্কৰদেৱৰ তিথিত প্ৰতি বছৰে অনুষ্ঠিত হয়। এই গাঁওখন জামুগুৰি হাট কেন্দ্ৰৰ উত্তৰ পাৰে ২.৫ কিলোমিটাৰ দূৰৈত। সমগ্ৰ জামুগুৰি অঞ্চলৰ লোকে অতি আগ্ৰহেৰে এই ভাওনাত অংশগ্ৰহণ কৰে। বৰপুখুৰী পাৰৰ মুকলি বিহু জামুগুৰি হাট বিহু সংস্কৃতিৰ বাবেও বিখ্যাত। জামুগুৰি হাটৰ বিখ্যাত বিহু বৰপুখুৰী পাৰৰ মুকলি বিহু। জামুগুৰি বাসি ৰাইজে অতি উলহ-মালহেৰে বৰপুখুৰী পাৰৰ এই মুকলি বিহু উদযাপন কৰে। এই উৎসৱ প্ৰতিবছৰে এপ্ৰিল মাহত অনুষ্ঠিত হয়। এই মুকলি বিহু জামুগুৰিবাসি ৰাইজৰ দ্বাৰা গঠিত এখন বিহু কমিটিৰ দ্বাৰা পৰিচালিত হয়। বিহু অনুষ্ঠিত হোৱা এই বৰপুখুৰী পাৰৰ মুকলি ক্ষেত্ৰ জামুগুৰি কেন্দ্ৰৰ পৰা ৩কিলোমিটাৰ দক্ষিণ দিশে অৱস্থিত। অসমৰ বিভিন্ন স্থানৰ পৰা প্ৰতিবছৰে ৩০তকৈ ও অধিক দলে এই উৎসৱত অংশগ্ৰহণ কৰে। বোকাখেচা ভাওনা জামুগুৰি হাটৰ আন এটি জনপ্ৰিয় সংস্কৃতি হ'ল বোকাখেচা ভাওনা প্ৰতি বছৰে এই ভাওনা জামুগুৰি কেন্দ্ৰৰ পৰা ১.৫ কিলোমিটাৰ নিলগৰ পাতলৰচুক গাঁৱত অনুষ্ঠিত হৈ আহিছে। ২৫৬ বছৰ পূৰ্ণ কৰা এই ভাওনা গাঁও বাসীয়ে জন্মাষ্টমীৰ সময়ত বৰ ধুমধামৰে উদযাপন কৰে। অন্যান্য ভাওনাৰ পৰা এই ভাওনা পৃথক। গাঁৱৰ মূল নামঘৰৰ বাটচ'ৰাৰ কাষতে গাঁৱৰ ৰাইজে এটা পুখুৰী খান্দি তাত মাটি আৰু পানীৰ মিশ্ৰণৰে বোকা কৰে। দিনৰ ভাগত এখন হাস্য ৰসিক ভাওনাৰো পৰিৱেশন কৰা দেখা যায়। গাঁৱৰ ডেকা বোৰে ভাওনাৰ দিনা এই বোকা খেচি ইজনে সিজনলৈ বোকা দলিয়াই ৰঙ-ধেমালি কৰে। এই ভাওনা উপভোগ কৰিবলৈ সমগ্ৰ গাঁও বাসীৰ লগতে ওচৰ চুবুৰীয়া গাঁৱৰ লোকেও আগ্ৰহ কৰে। জামুগুৰিহাটৰ ঐতিহাসিক ক্ষেত্ৰ সমূহ পিঠাগুড়ি দ'ল এই দ'লটো কুসুমতোলাত অৱস্থিত। অৰিমত্ত ৰজাৰ দিনত এই দ'লৰ সৃষ্টি হৈছিল। ঐতিহাসিক পৰ্যবেক্ষণ অনুসৰি এই দ'লটি পিঠাগুড়ি (চাউলৰ গুড়ি)ৰ দ্বাৰা নিৰ্মিত হৈছিল। সুকান পুখুৰী এই পুখুৰীটোও ৰজা অৰিমত্তৰ তত্ত্বাৱধানত খনন কৰা হৈছিল, কিন্তু বহুখিনি গভীৰলৈ খণ্ডাৰ পিছতো এই পুখুৰীৰ পানী নোলাল, অৱশেষত ঐশ্বৰিক কিবা বিশেষত্ব থকা বুলি ৰজাই পুখুৰীটো তেনেকৈয়ে এৰিলে। পানী নোলোৱা বাবে এই পুখুৰীটো শুকান পুখুৰী বা শুকানী পুখুৰী নামে জনাজাত হ'ল। কুসুমতোলা মূল কেন্দ্ৰৰ পৰা, ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ উত্তৰে প্ৰায় ৫০০মিটাৰ দূৰৈত এই পুখুৰীটো আছে। বৰ্তমান 'নদুৱাৰ নাথ যোগী পৰিষদ'ৰ দ্বাৰা এই পুখুৰীৰ কাষতেই এটা শিৱমন্দিৰ নিৰ্মাণ কৰা হৈছে। হুকাই পুখুৰী এই পুখুৰীটো ও জামুগুৰি হাটৰ আন এটি ঐতিহাসিক পুখুৰী, এই পুখুৰী হুকাই ভূঞাৰ তত্ত্বাৱধানত তেওঁৰ ৪নং কন্যাই গা ধুবলৈ খনন কৰাইছিল। পাচিগাঁও হুকাই পথাৰৰ কাষতে এই পুখুৰীটো আছে। শুক্লেশ্বৰ দেৱালয় জামুগুৰি হাটৰ মূল কেন্দ্ৰৰ পৰা প্ৰায় ৪কিলোমিটাৰ দূৰৈৰ কোচগাঁৱত এই দেৱালয় অৱস্থিত। ইতিহাস মতে ৰজা ৰুদ্ৰসিংহৰ কৰ্তৃত্বত এই দেৱালয় খনৰ নিৰ্মাণ হৈছিল। বুঢ়া গোঁসাই দেৱালয় এই দেৱালয়খন আহোম যুগত ৰজা ৰুদ্ৰসিংহ তত্ত্বাৱধানত নিৰ্মিত। জামুগুৰি হাটৰ মূল কেন্দ্ৰৰ পৰা প্ৰায় ৪কিলোমিটাৰ নিলগৰ নন্দিকেশ্বৰ গাঁৱত এই দেৱালয়খন অৱস্থিত। নৰোৱা থান এই থানখন জামুগুৰি হাটৰ দিকৰাই গুৰি গাঁৱত অৱস্থিত। এই থানতেই এসময়ত মহাপুৰুষ শংকৰদেৱে ভকত সকলৰ সৈতে সত্ৰীয়া সংস্কৃতিৰ চৰ্চা কৰিছিল। এই থানত এটা বহু পুৰণি কুঁৱা আছে, এই কুঁৱাটো গুৰুজনাই পানী খোৱাৰ নিমিত্তে ব্যৱহাৰ কৰিছিল। জামুগুৰি হাটৰ সাংস্কৃতিক কেন্দ্ৰ বাপুজী ভৱন নাট্য সমাজ বাপুজী ভৱন নাট্য সমাজ জামুগুৰি হাটৰ এটি অনুষ্ঠান। এই অনুষ্ঠানটি জামুগুৰি হাট কেন্দ্ৰৰ মাজ মজিয়াত জামুগুৰি-চকীঘাট পথৰ বাঁও ফালে, জামুগুৰি চৰকাৰী চিকিৎসালয়ৰ সমুখত অৱস্থিত। এখন পৰিচালনা সমিতিৰ তত্ত্বাৱধানত এই অনুষ্ঠানটিৰ কাম-কাজ পৰিচালিত হয়। ইয়াত প্ৰায়ে নাটক ও অন্যান্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানটো শোণিতকোৱঁৰ গজেন বৰুৱাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। অভিযাত্ৰী কলা কেন্দ্ৰ অভিযাত্ৰী জামুগুৰি হাটৰ এটি প্ৰধান সাংস্কৃতিক শিক্ষাৰ অনুষ্ঠান। ১৫নং ৰাষ্ট্ৰীয় ঘাই পথাৰ দাঁতিত জামুগুৰি ডাক-বাঙলাৰ সন্মুখত এই অনুষ্ঠানটো আছে। অভিযাত্ৰী কলা কেন্দ্ৰত সত্ৰীয়া নৃত্য, অভিনয়, নাটক,চিত্ৰ-শিল্প, বাদ্য বাদন ইত্যাদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ শিক্ষা প্ৰদান কৰা হয়। শঙ্কৰী কলা-কৃষ্টি বিকাশ কেন্দ্ৰ এই অনুষ্ঠানটি শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ (জামুগুৰি শাখা)ৰ দ্বাৰা প্ৰতিষ্ঠিত শঙ্কৰী সংস্কৃতিৰ চৰ্চা আৰু বিকাশৰ এটি অনুষ্ঠান। অনুষ্ঠানটো জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষতে অৱস্থিত। অভিলাষ কলা কেন্দ্ৰ অভিযাত্ৰী কলা কেন্দ্ৰৰ এটি শাখা হ'ল এই অভিলাষ কলা কেন্দ্ৰ। বৰ্তমান এই শাখাটোৱে সাময়িকভাবে উত্তৰ জমুগুৰি ছোৱালী এম.ই. স্কুলত, ফাইন আৰ্ট আদিৰ শিক্ষা প্ৰদান কৰে। বৰ্তমান পৰ্যন্ত শাখাটো স্থায়ী প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠান হিচাপে স্থাপনৰ হেতু কোনো চৰকাৰী সহায়তা লাভ কৰা নাই। একটিং একাডেমী এই একাডেমীখন আজিৰ পৰা মাত্ৰ কেইটিমান বছৰ আগেয়ে এদল উচ্চাভিলাষী যুৱকৰ দ্বাৰা অভিনয় শিল্পৰ এটি ভাল পৰিৱেশ তৈয়াৰ কৰাৰ উদ্দেশ্যে ধলাইবিলত প্ৰতিষ্ঠিত হৈছিল। এই একাডেমীত মূলত এক চৰিত্ৰৰ নাটকৰ অভিনয়ৰ প্ৰশিক্ষণ দিয়া হয়। প্ৰতিষ্ঠা কালৰে পৰা অসম তথা ভাৰতৰ বিভিন্ন অংশত এক চৰিত্ৰৰ অভিনয় নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ উপৰিও বিচাৰকৰ দ্বাৰা অনেক বাৰ ভূষিত হৈছে। সাংস্কৃতিক কৰ্মী হিচাপে বৰ্তমান এই সংস্থাৰ অধিকৰ্তা হ'ল শীশীৰ বৰঠাকুৰ। ইয়াৰোপৰি জামুগুৰিহাটৰ প্ৰায় সংখ্যক গাঁৱতেই সংস্কৃতিৰ চৰ্চা হৈ আহিছে, ওপৰত উল্লিখিত অনুষ্ঠান সমূহৰ লগতে পাঞ্চজন্য সত্ৰীয়া অনুষ্ঠান, মাধৱ-প্ৰদীপ সংস্কৃত টোল আদিও উল্লেখযোগ্য। চৰকাৰী-বেচৰকাৰী সংস্থা জামুগুৰি হাটত বহুকেইটা চৰকাৰী তথা বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আছে। অঞ্চলটোৰ সুৰক্ষাৰ হেতু জামুগুৰি হাট কেন্দ্ৰৰ নিচেই কাষতে জামুগুৰি পুলিচ ষ্টেচন আছে। ইয়াৰোপৰি ৩০খন বিছানাৰ ক্ষমতাৰে এখন চৰকাৰী চিকিৎসালয়(ধলাইবিল), এখন প্ৰাথমিক চিকিৎসালয়(জামুগুৰি কেন্দ্ৰ), মুঠ পাঁচটা জাতীয় বেংক,এটা প্ৰধান পোষ্ট অফিচ তথা তিনিটা উপ-পোষ্ট অফিচ জামুগুৰিহাটত আছে। আনহাতে ভাৰতীয় ষ্টেট বেংকৰ এটি শাখাও জামুগুৰিহাটত নতুনকৈ প্ৰতিষ্ঠিত হৈছে। উল্লেখযোগ্য ব্যক্তি সকল গজেন বৰুৱা ভবেন বৰা গায়ত্ৰী মহন্ত ৰাধিকামোহন ভাগৱতী পদ্ম হাজৰিকা লক্ষী বৰঠাকুৰ ভোলা কটকী ইত্যাদি তথ্য উৎস অসমৰ নগৰ-মহানগৰ শোণিতপুৰ
71397
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A6%BE%E0%A6%AB%E0%A7%87%E0%A6%B2%20%E0%A6%A8%E0%A6%BE%E0%A6%A1%E0%A6%BE%E0%A6%B2
ৰাফেল নাডাল
ৰাফেল "ৰাফা" নাডাল পাৰেৰা জন্ম: ৩ জুন ১৯৮৬) হৈছে এগৰাকী স্পেনিছ বৃত্তিগত টেনিছ খেলুৱৈ। এচ'ছিয়েচন এফ টেনিছ প্ৰফেশ্ব্যনেলছ বা চমুকৈ এটিপিৰ ৰেংকিং অনুসৰি বিশ্বত তেওঁৰ স্থান তৃতীয়। তেওঁ ২০৯ সপ্তাহৰ বাবে প্ৰথম স্থানত অধিষ্ঠিত আছিল আৰু চবাৰকৈ বৰ্ষান্তৰ শীৰ্ষস্থান লাভ কৰিছিল। নাডালে ২০টা গ্ৰেণ্ড শ্লাম খিতাপ জয়েৰে ৰ'জাৰ ফেডেৰাৰ আৰু নোভাক কোভিচৰ সৈতে যুটীয়াভাৱে অভিলেখ স্থাপন কৰিছে। ইয়াৰোপৰি তেওঁ ৩৬টা মাষ্টাৰ্ছ ১০০০ একক শাখাৰ খিতাপ অৰ্জনেৰে নোভাক কোভিচৰ সৈতে শীৰ্ষস্থানত আছে। নাডালে ১৩টা ফ্ৰেন্স অপেনৰ খিতাপ জয় কৰি অভিলেখ গঢ়িছে। তেওঁ লাভ কৰা ৮৮টা খিতাপৰ ৬২টাই ধূলিয়ৰী পৃষ্ঠ বা ক্লে' কোৰ্টৰ। ইয়াৰে ভিতৰত ৩৬টা এটিপি মাষ্টাৰ্ছ ১০০০ শাখাৰ খিতাপ আৰু তাৰে ২৬টাই ক্লে' কোৰ্ট বা মাটি পৃষ্ঠৰ। এই পৃষ্ঠত তেওঁ একেলেথাৰিয়ে ৮১খন মেটচত জয়লাভ কৰি অভিলেখ গঢ়িছে। শৈশৱ কালৰেপৰা বৃত্তিগত কেৰিয়াৰৰ অধিকাংশ কাল ৰাফেল নাডালে খুড়াক টনি নাডালৰপৰা প্ৰশিক্ষণ লাভ কৰিছিল। ১৯ বছৰ বয়সতে ফ্ৰেন্স অপেন আৰু এটিপি মাষ্টাৰ্ছ শাখায় ১৬টা খিতাপ জয়ৰ লগতে বিশ্ব ৰেংকিংৰ দ্বিতীয় স্থান দখলেৰে এটিপিৰ ইতিহাসত তেওঁ সবাতোকৈ সফল কিশোৰ খেলুৱৈৰ ভিতৰত অন্যতম। ২০০৮ চনত ৰ'জাৰ ফেডেৰাৰক ক্লে' কোৰ্টত পৰাজিত কৰি নাডালে প্ৰথমবাৰৰ বাবে বিশ্ব ৰেংকিংৰ শীৰ্ষস্থান দখল কৰিছিল। একে বছৰতে তেওঁ গ্ৰীষ্মকালীন অলিম্পিকৰ স্বৰ্ণপদকো জয় কৰে। ২০১০ চনৰ ইউ এছ অপেন খিতাপ জয়ৰ যোগেদি তেওঁ কেৰিয়াৰ গ্ৰেণ্ড শ্লাম সম্পূৰ্ণ কৰে। অলিম্পিকৰ স্বৰ্ণ জয় কৰাৰ পিছতেই তেওঁ কেৰিয়াৰ গ'ল্ডেন শ্লাম সম্পূৰ্ণ কৰা দ্বিতীয়গৰাকী পুৰুষ খেলুৱৈৰূপে পৰিগণিত হোৱাৰ কৃতিত্ব অৰ্জন কৰে। পৰৱৰ্তী দশকত নাডালৰ প্ৰধান প্ৰতিদ্বন্দ্বীৰ ৰূপত জ'কোভিচৰ উত্থান ঘটে। ১৯বাৰ মুখ্য শাখাসমূহৰ ফাইনেলকে ধৰি দুয়ো ৫৭বাৰ মুখামুখি হৈছে যি মুক্ত কাল বা অপেন এৰাৰ পুৰুষৰ প্ৰতিদ্বন্দ্বিতাসমূহৰ ভিতৰত সৰ্বাধিক। নাডালে চাৰিবাৰকৈ এটিপি ৱৰ্ল্ড ট্যুৰৰ ষ্টিফেন এডবাৰ্গ স্পৰ্টছমেনশ্বিপ টা জয় কৰাৰ লগতে ২০১১ আৰু ২০২১ চনত ল'ৰিয়াছ ৱৰ্ল্ড স্পৰ্টছমেনশ্বিপ অফ দ্য ইয়েৰ টা লাভ কৰিছে। স্পেইনক প্ৰতিনিধিত্ব কৰি তেওঁ একক আৰু দ্বৈত উভয় শাখাতে স্বৰ্ণপদক জয়ৰ লগতে দেশৰ ডেভিচ কাপ দলৰ নেতৃত্ব দি চবাৰকৈ জয়ৰ সোৱাদ দিছে। নিজৰ গৃহচহৰ মেল'ৰ্কাত নাডালে এখন টেনিছ একাডেমীও প্ৰতিষ্ঠা কৰিছে। প্ৰাৰম্ভিক জীৱন নাডালৰ জন্ম হয় স্পেইনৰ মেনাকৰ নামৰ চহৰত। তেওঁৰ মাতৃৰ নাম আনা মাৰিয়া পাৰেৰা ফিমেনিয়াছ আৰু পিতৃৰ নাম ছেবাষ্টিয়ান নাডাল হোমাৰ। তেওঁৰ পিতৃৰ নিজা বীমা কোম্পানী, চ আৰু খিৰিকীৰ ব্যৱসায় আৰু ছা পুণ্টা নামৰ এক ৰেষ্টুৰেণ্ট আছে। মাৰিয়া ইজাবেল নাডালৰ ভগ্নী। টেনিছ খেলুৱৈগৰাকীৰ খুড়াক মিগুৱেল এঞ্জেল নাডাল এজন অৱসৰপ্ৰাপ্ত ফুটবলাৰ। তেওঁ আৰচিডি মেল'ৰ্কা, এফচি বাৰ্চিলোনা আৰু স্পেইনৰ জাতীয় দলৰ হৈ খেলিছিল। শৈশৱকালত নাডালে ব্ৰাজিলৰ ষ্ট্ৰাইকাৰ ৰোণাল্ডোক অনুসৰণ কৰিছিল আৰু নিজ খুড়াকৰ সহায়ত বাৰ্চিলোনাৰ ড্ৰেচিং কোঠালৈ ৰোণাল্ডোৰ সৈতে এখন ফটো তুলিবৰ বাবে গৈছিল। অন্য এজন খুড়াক টেনিছ প্ৰশিক্ষক টনি নাডালে শিশু ৰাফেলৰ স্বতঃস্ফূৰ্ত প্ৰতিভা লক্ষ্য কৰি তিনি বছৰ বয়সতে টেনিছৰ সৈতে তেওঁৰ পৰিচয় কৰাই দিয়ে। ৮ বছৰ বয়সত নাডালে ১৩ বছৰ বয়সৰ অনুৰ্ধৰ স্থানীয় এখন টেনিছ খেলত জয়ী হয়। একেসময়তে তেওঁ ফুটবলতো পাৰদৰ্শিতা দেখুৱায়। ইয়াৰ পিছতেই টনি নাডালে তেওঁৰ প্ৰশিক্ষণৰ মাত্ৰা বঢ়াই দিয়ে। সেই সময়ত নাডালৰ দুয়োহতীয়া ফ'ৰহেণ্ড খেলৰ ক্ষমতা দেখি খুড়াকে তেওঁক খেলপথাৰত স্বাভাৱিক সুবিধাৰ বাবে বাঁওহাতেৰে খেলিবলৈ উৎসাহিত কৰে। ১২ বছৰ বয়সত নাডালে উক্ত বয়সৰ স্পেনিছ আৰু ইউৰোপীয়ান টেনিছ খিতাপ জয় কৰে আৰু লগতে ফুটবল খেলো অব্যাহত ৰাখে। নাডালৰ পিতৃয়ে বিদ্যালয়ৰ কামত হেঙাৰ নপৰিবৰ বাবে ফুটবল আৰু টেনিছৰ যিকোনো এটা বাছি ল'বলৈ কয়। তেতিয়াই একে আষাৰতে নাডালে টেনিছক নিৰ্বাচন কৰে। ১৪ বছৰ বয়সত স্পেনিছ টেনিছ ফেডাৰেচনে প্ৰশিক্ষণ অব্যাহত ৰাখিবলৈ নাডালক মেল'ৰ্কা এৰি বাৰ্চিলোনালৈ উঠি আহিবলৈ অনুৰোধ কৰে। অৱশ্যে শিক্ষা গ্ৰহণ বাধাগ্ৰস্ত হোৱাৰ আশংকাত তেওঁৰ পৰিয়ালে এই প্ৰস্তাৱত অনুমোদন নজনায় আৰু টনি নাডালে কয় যে ভাল খেলুৱৈ হ'বলৈ তেওঁৰ আমেৰিকা বা আন ঠাইলৈ যোৱাৰ প্ৰয়োজন নাই; এয়া ঘৰত থাকিয়েই কৰিব পাএই। ঘৰতে থকাৰ সিদ্ধান্তৰ বাবে ফেডাৰেচনে বিত্তীয় সাহায্য কমাই দিয়ে আৰু নাডালৰ পিতৃয়েই খৰছসমূহ বহন কৰিবলগা হয়। ২০০১ চনত ক্লে' কোৰ্টৰ এক প্ৰদৰ্শনীমূলক খেলত নাডালে পূৰ্বৰ গ্ৰেণ্ড শ্লাম বিজয়ী পেট কেছক পৰাজিত কৰে। কেৰিয়াৰ কেৰিয়াৰৰ আৰম্ভণি আৰু ডেভিচ কাপ নাডালে ১৫ বছৰ বয়সৰপৰাই বৃত্তিমূলক টেনিছত সোমাই পৰে আৰু ইণ্টাৰনেচনেল টেনিচ ফেডাৰেচন বা চমুকৈ আইটিএফৰ দুটা জুনিয়ৰ ইভেণ্টত অংশগ্ৰহণ কৰে। ২০০২ চনৰ ২৯ এপ্ৰিলত ১৫ বছৰ ১০ মাহতেই তেওঁ ৰেম'ন ডেলগেড'ক পৰাজিত কৰি প্ৰথমখন এটিপি মেটচত বিজয় সাব্যস্ত কৰে। সেই সময়ত বিশ্ব ৰেংকিংত তেওঁৰ স্থান আছিল ৭৬২। ২০০১ চনত নাডালে চেলেঞ্জাৰ শৃংখলাৰ একক শাখাত এখন খেলত জিকে যদিও এখনত পৰাজয় বৰণ কৰে। আইটিএফ ফিউচাৰছত একক আৰু দ্বৈত মেটচত তেওঁৰ জিকা আৰু হৰাৰ অনুপাত আছিল যথাক্ৰমে ৭-৫ আৰু ১-২। ২০০২ চনত ১৬ বছৰ বয়সীয়া নাডাল উইম্বলডনৰ ল'ৰা শাখাৰ (পুৰুষ শাখা নহয়) ছেমিফাইনেল পায়গৈ। সেই বছৰতে জুনিয়ৰ ডেভিচ কাপত যুক্তৰাষ্ট্ৰ পৰাজিত কৰাত স্পেইনৰ হৈ তেওঁ অৱদান আগবঢ়ায়। ২০০২ চনৰ চেলেঞ্জাৰ শৃংখলাত তেওঁ অংশগ্ৰহণ কৰা নাছিল যদিও ফিউচাৰছৰ একক আৰু দ্বৈত শাখাত তেওঁৰ জিকা-হৰাৰ সংখ্যা আছিল ক্ৰমে ৪০-৯ আৰু ১০-৯। ইয়াত তেওঁ মুঠতে ছটা একক খিতাপ দখল কৰে। ইয়াৰে চটা আছিল মাটি পৃষ্টৰ আৰু এটা কঠিন পৃষ্ঠৰ। এপ্ৰিল মাহলৈ নাডাল ৱাইল্ড কাৰ্ড এণ্ট্ৰিৰ যোগেদি এটিপি আন্তৰ্জাতিক শৃংখলাৰ মেল'ৰ্কা অপেনত (মাটি পৃষ্ঠ) প্ৰৱেশ কৰে আৰু একক তথা দ্বৈত উভয় শাখাতে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। একক শাখাত তেওঁ ৰেমন ডেলগেড'ক পৰাভূত কৰি নিজৰ প্ৰথমখন এটিপি মেটচত জয়লাভ কৰে। ইয়াৰ পিছত তেওঁ অলিভিয়াৰ ৰ'কাচকো পৰাজিত কৰে। দ্বৈত শাখাত তেওঁ প্ৰথম ৰাউণ্ডতে পৰাজিত হয়। ২০০৩ চনত নাডালে প্ৰথমটো চেলেঞ্জাৰ খিতাপ জয় কৰাৰ লগতে বছৰটোৰ শেষত বিশ্ব ৰেংকিংৰ ৪৯ স্থানত অধিষ্ঠিত হয় আৰু এটিপিৰ নিউকামাৰ অফ দ্য ইয়েৰ টা লাভ কৰে। একে বছৰতে তেওঁ বৰিছ বেকাৰৰ পিছতেই (১৯৮৪) উইম্বলডনৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰা কনিষ্ঠতম পুৰুষ হিচাপে পৰিগণিত হয়। ২০০৪ চনত নাডালে টমি ৰব্ৰেড'ৰ সৈতে যুটি বান্ধি মহাৰাষ্ট্ৰ অপেনত যোগদান কৰে। অষ্ট্ৰেলিয়ান অপেনৰ একক শাখাত তেওঁ তৃতীয় ৰাউণ্ড পায়গৈ যদিও লেটন হেৱিটৰ হাতত তিনিটা ছেটত পৰাজিত হয়। ইয়াৰ পিছত ১৭ বছৰীয়া নাডালে সেই সময়ৰ প্ৰথম স্থানৰ খেলুৱৈ ৰ'জাৰ ফেডাৰাৰক মিয়ামি অপেনত পোনপটীয়া ছেটত পৰাজিত কৰে যদিও চতুৰ্থ ৰাউণ্ডত ফাৰ্ণাণ্ডো গঞ্জালেছৰ হাতত পৰাজিত হয়। সেই বছৰ কিলাকুটিৰ আঘাতৰ বাবে তেওঁ ফ্ৰেন্স অপেনকে ধৰি বহুকেইখন ক্লে' কোৰ্টৰ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰাৰপৰা বিৰত থাকে। আগষ্ট মাহত তেওঁ প্ৰ'কম অপেনত কেৰিয়াৰৰ প্ৰথমটো একক এটিপি খিতাপ জয় কৰে। ১৮ বছৰ ৬ মাহ বয়সত নাডাল বিজয়ী দেশৰ বাবে ডেভিচ কাপ ফাইনেলত বিজয় সাব্যস্ত কৰা কনিষ্ঠতম খেলুৱৈৰূপে পৰিগণিত হয়। গ্ৰেণ্ড শ্লাম ৰাফা নাডাল স্প'ৰ্টছ চেণ্টাৰ গৃহচহৰ মেল'ৰ্কাত নাডালৰ ৪০ হাজাৰ বৰ্গমিটাৰ জোৰা নিজা ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ আছে য'ত তেওঁ নিজে প্ৰশিক্ষণ প্ৰদান কৰে। গ্ৰীচ, কুৱেইট আৰু মেক্সিকোতো এই প্ৰশিক্ষণ কেন্দ্ৰৰ শাখা অৱস্থিত। তথ্য সংগ্ৰহ টেনিছ
74684
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A6%B8%E0%A7%80%20%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8
মানসী প্ৰধান
মানসী প্ৰধান জন্ম: ৪ অক্টোবৰ ১৯৬২) এগৰাকী ভাৰতীয় মহিলা অধিকাৰ কৰ্মী আৰু লেখিকা। তেওঁ ভাৰতত মহিলাৰ বিৰুদ্ধে হিংসা ৰক্ষা কৰাৰ এক দেশব্যাপী আন্দোলন 'অনাৰ ফৰ ৱমেন নেচনেল কেম্পেইন' অৰ্থাৎ 'মহিলাৰ সন্মানৰ বাবে ৰাষ্ট্ৰীয় অভিযান'ৰ প্ৰতিষ্ঠাপক। ২০১৪ চনত তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাণী লক্ষ্মীবাঈ স্ত্ৰী শক্তি পুৰস্কাৰ প্ৰদান কৰে। মিছনেৰীজ অফ চেৰিটিৰ গোলকীয় মুৰব্বী মেৰী প্ৰেমা পাইৰিকৰ সৈতে তেওঁ ২০১১ চনত 'আউটষ্টেণ্ডিং ৱমেন এৱাৰ্ড' লাভ কৰিছিল। আন্তৰ্জাতিক প্ৰকাশন আৰু সংগঠনে প্ৰায়ে তেওঁৰ কামক প্ৰদৰ্শিত কৰা হয়। ২০১৬ চনত নিউয়ৰ্কস্থিত বছল আলোচনীয়ে তেওঁক ২০ গৰাকী আটাইতকৈ প্ৰেৰণাদায়ক নাৰীবাদী লেখক আৰু কৰ্মীসকলৰ ভিতৰত বুলি উল্লেখ কৰিছিল। ২০১৭ চনত লছ এঞ্জেলছস্থিত ৱেলকাৰ মিডিয়া ইঙ্কে তেওঁক ১২ গৰাকী শক্তিশালী নাৰীবাদী পৰিৱৰ্তন নিৰ্মাতাৰ ভিতৰত স্থান দিয়ে। ২০১৮ চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ইউনিয়ন অৱ অক্সফৰ্ডই তেওঁক সংঘক সম্বোধন কৰিবলৈ আমন্ত্ৰণ জনায়। তেওঁ নিৰ্ভয়া বাহিনী, নিৰ্ভয়া সমাৰোহ আৰু অ'ৱাইএছএছ মহিলাৰ প্ৰতিষ্ঠাপক। তেওঁ ভাৰতৰ বাবে কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ পৰিষদ (চেঞ্চৰ বোৰ্ড) আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ তদন্ত সমিতিৰ পেনেলত সেৱা আগবঢ়াইছে। উৰিষ্যাৰ এখন দূৰৱৰ্তী গাঁৱৰ দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰি তেওঁ মহিলাসকলক শিক্ষিত কৰাৰ বিৰুদ্ধে বহুলভাৱে প্ৰচলিত সামাজিক নিষিদ্ধতাৰ বিৰুদ্ধে সফলতাৰে যুঁজ দিছিল, পাহাৰীয়া অঞ্চল আৰু জলাভূমিৰ মাজত দৈনিক ১৫ কিলোমিটাৰ খোজ কাঢ়ি সমগ্ৰ অঞ্চলৰ একমাত্ৰ উচ্চ বিদ্যালয়লৈ খোজ কাঢ়ি গৈছিল আৰু তেওঁৰ গাওঁখনৰ প্ৰথম মহিলা মেট্ৰিক উত্তীৰ্ণ হিচাপে আত্মপ্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁৰ অঞ্চলৰ প্ৰথম মহিলা আইন স্নাতক হৈছিল। মানসী প্ৰধানৰ জীৱন কাহিনী আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলত তথ্যচিত্ৰ হিচাপে গ্ৰহণ কৰা হৈছে। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ১৯৬২ চনৰ ৪ অক্টোবৰ তাৰিখে ওড়িশাৰ খোৰ্ধা জিলাৰ বানপুৰ খণ্ডৰ আয়তপুৰ নামৰ এখন দূৰৱৰ্তী গাঁৱৰ এক দৰিদ্ৰ পৰিয়ালত মানসী প্ৰধানৰ জন্ম হৈছিল। তেওঁ হেমলতা প্ৰধান আৰু গোদাবৰীশ প্ৰধানৰ দুগৰাকী কন্যা আৰু পুত্ৰৰ ভিতৰত জ্যেষ্ঠ সন্তান আছিল। তেওঁৰ দেউতাক এজন খেতিয়ক আছিল। সেইসময়ত বানপুৰৰ বেছিভাগ গ্ৰাম্য অঞ্চলত স্ত্ৰী শিক্ষাক নিষিদ্ধ বুলি গণ্য কৰা হৈছিল। ছোৱালীসকলক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িবলৈ খুব কম অনুমতি দিয়া হৈছিল। তেওঁ গাঁওখনৰ পৰা পঢ়া-শুনা শীঘ্ৰে শেষ কৰাৰ বাবে তীব্ৰ চাপ অনুভৱ কৰিছিল। তদুপৰি ওচৰৰ অঞ্চলবোৰত কোনো উচ্চতৰ মাধ্যমিক বিদ্যালয় নাছিল। তেওঁ দৈনিক ১৫ কিলোমিটাৰ খোজ কাঢ়ি পাহাৰীয়া অঞ্চল আৰু জলাভূমিৰ মাজেৰে সমগ্ৰ অঞ্চলৰ একমাত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ গৈছিল। তেওঁ তেওঁৰ গাঁৱত হাইস্কুল শিক্ষান্তত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম মহিলা হিচাপে পৰিগণিত হৈছিল। গাম্ভাৰীমুণ্ডাৰ পতিতপাবন উচ্চ বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত তেওঁৰ পৰিয়ালে মানসীৰ উচ্চ শিক্ষাৰ বাবে পুৰীলৈ স্থানান্তৰিত হয়। গাঁৱৰ খেতিপথাৰৰ পৰা পোৱা সামান্য উপাৰ্জনৰ সৈতে মানসীৰ শিক্ষা বজাই ৰখা কঠিন হৈ পৰিছিল। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে তেওঁ নিজে পৰিয়াল আৰু পঢ়া-শুনাত সহায় কৰিবলৈ কাম কৰিব লগা হৈছিল। তেওঁ উৎকল বিশ্ববিদ্যালয়ৰ অন্তৰ্গত চৰকাৰী মহিলা মহাবিদ্যালয়, পুৰীৰৰ পৰা অৰ্থনীতিত স্নাতক আৰু একে বিশ্ববিদ্যালয়ৰ পৰা ওড়িয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল কৰিছিল। তেওঁ পুৰীৰ জি. এম. আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰীও লাভ কৰিছিল। কৰ্মজীৱন তেওঁ ওড়িশা চৰকাৰৰ বিত্ত বিভাগ আৰু অন্ধ্ৰ বেংকৰ সৈতে অলপ সময়ৰ বাবে কাম কৰিছিল। পিছলৈ তেওঁ নিজৰ আবেগ অনুসৰণ কৰিবলৈ চাকৰি এৰি দিছিল। ১৯৮৩ চনৰ অক্টোবৰ মাহত ২১ বছৰ বয়সত তেওঁ নিজৰ মুদ্ৰণ ব্যৱসায় আৰু এখন সাহিত্য আলোচনী আৰম্ভ কৰে। কেইবছৰমানৰ ভিতৰতে তেওঁ ব্যৱসায় দ্ৰুতগতিত বৃদ্ধি পাইছিল। ইয়াৰ ফলত তেওঁ সেইসময়ৰ কেইগৰাকীমান সফল মহিলা উদ্যোগীৰ শাৰীত প্ৰতিষ্ঠিত হৈছিল। সক্ৰিয়তা ১৯৮৭ চনত তেওঁ অ'ৱাইএছএছ ৱমেন প্ৰতিষ্ঠা কৰে। ইয়াৰ প্ৰাৰম্ভিক উদ্দেশ্য আছিল ছাত্ৰীসকলক উচ্চ শিক্ষা প্ৰাপ্ত কৰাত সহায় কৰা আৰু তেওঁলোকক সমাজত ভৱিষ্যতৰ নেত্ৰী হিচাপে বিকশিত কৰা। অ'ৱাইএছএছ ৱমনে নেতৃত্ব কৰ্মশালা, শিক্ষা আৰু বৃত্তিমূলক প্ৰশিক্ষণ শিবিৰ, আইনী সজাগতা আৰু আত্ম-প্ৰতিৰক্ষা শিবিৰআয়োজন কৰি আহিছে। ই হাজাৰ হাজাৰ যুৱতীক তেওঁলোকৰ নিৰ্বাচিত ক্ষেত্ৰত সম্ভাৱ্য নেত্ৰী হিচাপে লালন-পালন কৰি আহিছে। ওপৰোক্তবোৰৰ উপৰিও, সংগঠনটোৱে অসংখ্য কাৰ্যকলাপ আৰু অনুষ্ঠান হাতত লয় আৰু মহিলাসকলক সৱলীকৰণত অগ্ৰণী অৱদানৰ বাবে ব্যাপকভাৱে কৃতিত্ব দিয়া হয়। সংগঠনটোৱে মহিলাৰ সন্মানৰ বাবে ৰাষ্ট্ৰীয় অভিযানৰো নেতৃত্ব বহন কৰি আছে। মহিলাৰ সন্মানৰ বাবে ৰাষ্ট্ৰীয় অভিযান ২০০৯ চনৰ নৱেম্বৰ মাহত তেওঁ ভাৰতত মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ ৰক্ষাৰ উদ্দেশ্যে দেশজুৰি এক আন্দোলন 'অনাৰ ফৰ ৱমেন নেচনেল কেম্পেইন' আৰম্ভ কৰে। এই আন্দোলনটোৱে মহিলাৰ অত্যাচাৰৰ বিৰুদ্ধে দেশবাসীক উৎসাহিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই আন্দোলনত ভাৰতত মহিলাৰ বিৰুদ্ধে হিংসাৰ বিপদৰ বিৰুদ্ধে যুঁজিবলৈ এক বহুমুখী ৰণনীতি ব্যৱহাৰ কৰা হৈছে। ই মহিলাৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে যুঁজিবলৈ আইনী আৰু প্ৰতিষ্ঠানগত ব্যৱস্থাৰ ওপৰত সজাগতা বৃদ্ধি কৰিবলৈ বহুতো নীতি ব্যৱহাৰ কৰে। মহিলাৰ অধিকাৰ দোকান, মহিলাৰ অধিকাৰ উৎসৱ, মহিলাৰ অধিকাৰ সভা, মহিলাৰ অধিকাৰ সাহিত্য, দৃশ্য-শ্ৰাব্য প্ৰদৰ্শন, পথনাটক ইত্যাদি মহিলাৰ সন্মানৰ বাবে ৰাষ্ট্ৰীয় অভিযানৰ আনুষংগিক অংশ। আনহাতে ই জনমত সংগ্ৰহ কৰি আৰু মহিলাৰ বিৰুদ্ধে হিংসা নিয়ন্ত্ৰণ ৰখাৰ বাবে প্ৰতিষ্ঠানগত পৰিৱৰ্তন আৰু সংশোধনমূলক ব্যৱস্থাৰ বাবে নিৰন্তৰ প্ৰচাৰ চলাই চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰি আহিছে। ২০১৩ চনত সমগ্ৰ ভাৰতৰ অংশীদাৰসকলক অন্তৰ্ভুক্ত কৰি কেইবাটাও ৰাষ্ট্ৰীয় আলোচনাচক্ৰ, কৰ্মশালা আৰু পৰামৰ্শৰ সৈতে জড়িত চাৰি বছৰৰ দীঘলীয়া মন্থনৰ পিছত, আন্দোলনটোৱে মহিলাৰ বিৰুদ্ধে হিংসা সমাপ্ত কৰাৰ বাবে ইয়াৰ যুঁজৰ এক বিতং খচৰা প্ৰস্তুত কৰে। একেবছৰে ই নিৰ্ভয়া সমাৰোহ অনুষ্ঠিত কৰিছিল। ২০১৪ চনত আন্দোলনটোৱে ভাৰতৰ সকলো ৰাজ্য চৰকাৰৰ বাবে চাৰি দফা চাৰ্টাৰ অফ ডিমাণ্ড বা ন্যায্য দাবীৰ তালিকা মুকলি কৰে। একে বছৰতে ই নিৰ্ভয়া বাহিনী আৰম্ভ কৰে। এই বাহিনীত সমগ্ৰ ভাৰতৰ ১০,০০০ৰো অধিক স্বেচ্ছাসেৱক আছে। তেওঁলোকে জনমত সংগ্ৰহ কৰি ইয়াৰ চাৰি দফা দাবীৰ কাৰ্যকৰীকৰণৰ বাবে এক নিৰন্তৰ অভিযানত লিপ্ত হয়। চাৰি দফাযুক্ত ন্যায্যদাবীৰ তালিকা ২০১৪ চনত মানসী প্ৰধানৰ নেতৃত্বত মহিলাৰ সন্মানৰ বাবে ৰাষ্ট্ৰীয় অভিযানে ভাৰতৰ সকলো ৰাজ্য চৰকাৰৰ বাবে চাৰি দফাৰ চাৰ্টাৰ মুকলি কৰে। এই দাবীৰ তালিকাখনে আন্দোলনৰ এক আধাৰশিলা গঠন কৰিছে আৰু কেইবাখনো ৰাজ্য চৰকাৰক উপযুক্ত সংশোধন কৰিবলৈ প্ৰেৰণা দিছে। সেই চাৰিটা দাবী হৈছে: সুৰাৰ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰা শৈক্ষিক পাঠ্যক্ৰমৰ অংশ হিচাপে মহিলাসকলৰ বাবে আত্ম-প্ৰতিৰক্ষা প্ৰশিক্ষণ দিয়া প্ৰতিখন জিলাত মহিলা সুৰক্ষাৰ বাবে বিশেষ সুৰক্ষা বাহিনী গঠন কৰা ফাষ্ট-ট্ৰেক আদালত আৰু প্ৰতিখন জিলাত মহিলাৰ বিৰুদ্ধে অপৰাধৰ বাবে বিশেষ অনুসন্ধান আৰু মোকৰ্দমা শাখা স্থাপন কৰা সাহিত্যকৰ্ম মানসী প্ৰধান এজন প্ৰশংসিত লেখক আৰু কবি। তেওঁৰ চতুৰ্থখন কিতাপ 'উৰ্মি-ও-উচ্চৱাছ' আঠটা প্ৰধান ভাষালৈ অনুবাদ কৰা হৈছে। তথ্য উৎস উৰিষ্যাৰ ব্যক্তি ভাৰতীয় নাৰীবাদী সমাজকৰ্মী জীৱিত ব্যক্তি ভাৰতীয় সাহিত্যিক নাৰী শক্তি পুৰস্কাৰ
50640
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A6%BE%E0%A7%B0%E0%A7%80%20%E0%A6%AA%E0%A7%87%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%E0%A7%81%E0%A6%A5%E0%A7%81%E0%A7%B0%E0%A7%81
চিন্নাৰী পেল্লিকুথুৰু
চিন্নাৰী পেলীকুথুৰু হৈছে মা টিভিত সম্প্ৰচাৰিত এখন ভাৰতীয় ধাৰাবাহিক। এইখন কালাৰ্ছ টিভিত প্ৰচাৰিত বালিকা বধু নামৰ ধাৰাবাহিকখন ডাব কৰি বনোৱা হৈছিল। ধাৰাবাহিকখনত ৰাজস্থানৰ এখন গাঁঁৱত বালিকাৱস্থতাতেই বিয়া হোৱা এগৰাকী কন্যাৰ মহিলা অৱস্থা পোৱালৈকে লাভ কৰা কষ্টকৰ জীৱন যাত্ৰাটো ৰূপায়ণ কৰা হৈছিল। চিন্নাৰী পেলীকুথাৰু তামিল ভাষাত মান বসনাই নামেৰে ৰাজ টিভিত প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া চাৰে সাত বজাত সম্প্ৰচাৰিত হৈছিল। সাৰাংশ চিন্নাৰী পেলীকুথুৰুত শৈশৱতে বিবাহপাশত আৱদ্ধ হোৱা আনন্দি আৰু জগদীশৰ কাহিনী দেখুওৱা হৈছিল। আনন্দিয়ে আঠ বছৰ বয়সতে এটা অচিনাকি পৰিৱেশত এগৰাকী পত্নী,বোৱাৰী,বান্ধৱী আৰু প্ৰেমিকাৰ দায়িত্ব পালন কৰিবলগীয়া হৈছিল। ১৬বছৰ পাছত ডাঙৰ হৈ অহাৰ লগে লগে আনন্দি জগদীশৰ প্ৰেমত পৰে আৰু জগদীশেও আনন্দিক পত্নী তথা বান্ধৱী হিচাপে আঁকোৱালী লয়। কিন্তু পিছত জগদীশে মুম্বাইত পঢ়িবলৈ গৈ গৌৰী নামৰ এগৰাকী সহপাঠীৰ প্ৰেমত পৰি বিয়া পাতে আৰু আনন্দিৰ লগত বিবাহ বিচ্ছেদ কৰে। জগদীশৰ পৰিয়ালে আনন্দিক তেওঁলোকৰ লগতেই ৰাখে আৰু আনন্দিয়ে তাতে থাকি এটা স্বেচ্ছাসেৱী সংগঠনৰ সৈতে যুক্ত হৈ স্ত্ৰীশিক্ষাৰ বাবে আৰু শিশুবিবাহৰ বিৰুদ্ধে লাগি পৰে। সেইসময়তে আনন্দিৰ ডিষ্ট্ৰিক্ট কালেক্টৰ শিৱৰাজ শেখৰৰ সৈতে চিনাকি হয় যিয়ে আনন্দিৰ সামাজিক কামত মোহিত হৈছিল। তাকে দেখি জগদীশৰ পৰিয়ালে আনন্দিক শিৱৰাজৰ সৈতে বিয়া হৈ জীৱনটো নতুনকৈ সজোৱাৰ পৰামৰ্শ দিয়ে। ইপিনে জগদীশে নিজৰ ভুল বুজিব পাৰি গৌৰীক বিবাহ বিচ্ছেদ দিয়ে আৰু নিজৰ পৰিয়ালৰ মাজলৈ ঘূৰি আহে। কিন্তু ইতিমধ্যে আনন্দি আৰু শিৱৰাজৰ বিয়া হৈ যোৱা কথা জানিব পাৰি জগদীশ হতবাক হৈ পৰে। যদিও আনন্দিয়ে জগদীশক ক্ষমা কৰি দিয়ে আৰু ভাল বন্ধু হৈ ৰোৱাৰ কথা দিয়ে। কিছুদিন পিছত জগদীশে গঙ্গা নামৰ এগৰাকী মহিলা লগ পায় যি শিশুবিবাহ আৰু ঘৰুৱা হিংসাৰ চিকাৰ হৈ আছিল। জগদীশে তেওঁক শিক্ষা গ্ৰহণ কৰি এগৰাকী পৰিচাৰিকা হোৱাত সহায় কৰে। পিছলৈ জগদীশে গঙ্গাক বিয়া কৰায়। আনন্দি আৰু শিৱৰাজে হাড়ৰ বিষত ভূগি থকা এটি শিশু তুলি লয় আৰু চিকিৎসাৰ জৰিয়তে খোজ কাঢ়িব পৰাকৈ সক্ষম কৰি তোলে। কিন্তু পিছত সেই শিশুটিৰ প্ৰকৃত পিতৃমাতৃক বিচাৰি পোৱাত তেওঁলোকে চমজি লয়। দুই বছৰ পিছত শিৱৰাজে উদয়পুৰক এটা সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা বচাবলৈ মৃত্যুক আঁকোৱালী লয় আৰু সেই ঘটনাটোৰ খুব কম সময়ৰ ভিতৰতেই আনন্দিয়ে নন্দিনী আৰু শিৱম নামৰ দুটি যঁজা সন্তানৰ জন্ম দিয়ে। গঙ্গাই নিজৰ অধ্যয়ন অব্যাহত ৰাখি এগৰাকী চিকিৎসক হিচাপে প্ৰতিষ্ঠা লাভ কৰে। ইপিনে নন্দিনীক তিনিমাহ বয়সতে অখিৰাজ কুমাৰ নামৰ এজন লোকে অপহৰণ কৰে আৰু নিৰ্মালী নাম দি নিজৰ পুত্ৰ কুমাৰলৈ বিয়া দিয়ে। ১১বছৰ পিছত নন্দিনীয়ে শিশুবিবাহ আৰু গাৰ্হস্থ্যহিংসাৰ স্বীকাৰ হবলগীয়া হয় যিহেতু কুমাৰ নন্দিনীৰ প্ৰতি ক্ৰমাৎ হিংসুক হৈ পৰিছিল। সেইসময়তে জগদীশে নন্দিনীক বিচাৰি পায় আৰু মাকৰ সৈতে লগলগাই দিয়ে। অখিৰাজক গ্ৰেপ্তাৰ কৰা হয় যদিও সি পলাই সাৰিবলৈ সক্ষম হয়। অখিৰাজে জগদীশ,নন্দিনী আৰু আনন্দিক কেইবাবাৰো হত্যাৰ প্ৰচেষ্টা চলাই বিফল হৈ গঙ্গাক অপহৰণ কৰে আৰু তাইৰ বিনিময়ত জগদীশ,নন্দিনী আৰু আনন্দিক বিচাৰে। তাৰপিছত তিনিওকে হত্যা কৰিব চেষ্টা কৰে যদিও আনন্দিক হত্যা কৰিব সক্ষম হয় আৰু জগদীশৰ গুলীত অখিৰাজৰ মৃত্যু হয়। ১৫ বছৰৰ পিছত এই চিজনটোত নন্দিনী আৰু শিৱম এখন অনাথ আশ্ৰমত ডাঙৰ হোৱাৰ কাহিনী দেখুওৱা হৈছে। এজন মানুহে নন্দিনীৰ সৈতে অপকৰ্ম কৰিবলৈ প্ৰচেষ্টা চলোৱাত মানুহজনক শিৱমে হত্যা কৰে। নন্দিনীক মি: শেখাৱট নামৰ আন এজন মানুহে ডাঙৰ দীঘল কৰে আৰু তেওঁৰ আশ্ৰয়ত নন্দিনী এগৰাকী ডাক্টৰ হবলৈ সক্ষম হয়। বিতৰণ চিন্নাৰী পেলীকুথুৰু তামিল ভাষাত মান বসনাই নামেৰে ৰাজ টিভিত প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া চাৰে সাত বজাত সম্প্ৰচাৰিত হৈছিল। তেলেগু ভাষাত চিন্নাৰী পেলীকুথুৰু হিচাপে মা টিভিত সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া চাৰে ছয় বজাত সম্প্ৰচাৰিত হৈছিল। আন্তঃৰাষ্ট্ৰীয় সম্প্ৰচাৰ ত মালা নেভজেষ্টা নামেৰে ডোমা টিভিত প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া চাৰে আঠ বজাত (কেন্দ্ৰীয় ইউৰোপীয় সময়) সম্প্ৰচাৰিত হৈছিল। ত নভা টিভিত প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া চাৰে চাৰি বজাত (কেন্দ্ৰীয় ইউৰোপীয় সময়) সম্প্ৰচাৰিত হৈছিল। ত নেচনেল টিভিত মিকা মিৰাইছা হিচাপে সম্প্ৰচাৰিত হৈছিল। ত আৰ টিভি পিংকত প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া চাৰি বজাত (কেন্দ্ৰীয় ইউৰোপীয় সময়) সম্প্ৰচাৰিত হৈছিল। ত মালা নেভজেষ্টা হিচাপে সম্প্ৰচাৰিত হৈছিল। তথ্য সংগ্ৰহ দূৰদৰ্শন
63619
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A7%87%E0%A6%87%E0%A6%A8%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%A1%20%E0%A6%97%E0%A7%87%E0%A6%A8%E0%A6%9C%E0%A7%87%E0%A6%B2
ৰেইনহাৰ্ড গেনজেল
ৰেইনহাৰ্ড গেনজেল জন্ম: ২৪ মাৰ্চ ১৯৫২) এগৰাকী জাৰ্মান জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান মেক্সপ্লেংক বৰ্হিজাগতিক পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠানৰ সহযোগী সঞ্চালক। ইয়াৰ লগতে তেওঁ মিউনিক লুডৱিগ মেক্সিমিলান বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলেৰ এমিৰিটাছ অধ্যাপক। ২০২০ চনত তেওঁ এণ্ড্ৰিয়া এম. ঘেজৰ সৈতে যুটীয়াভাবে "আমাৰ তাৰকাৰাজ্যৰ কেন্দ্ৰত এটা অতিভৰযুক্ত সংকোচনশীল বস্তু আৱিষ্কাৰৰ বাবে" পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰ আধা অংশ লাভ কৰে। নোবেল বঁটাৰ বাকী আধা অংশ ৰ'জাৰ পেনৰ'জে "কৃষ্ণগহ্বৰ গঠন আপেক্ষিকতাবাদৰ সাধাৰণ তত্ত্বৰ এক শক্তিশালী পূৰ্বানুমান" আৱিষ্কাৰৰ বাবে লাভ কৰে। জীৱনী ১৯৫২ চনৰ ২৪ মাৰ্চ তাৰিখে পশ্চিম জাৰ্মানীৰ বেড হমবাৰ্গ ভৰ ডেৰ হহেত ৰেইনহাৰ্ড গেনজেলৰ জন্ম হৈছিল। তেওঁৰ পিতৃ লুডৱিগ গেনজেল কঠিন অৱস্থা পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আছিল। তেওঁ ফ্ৰেইবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানৰ স্নাতক আৰু বন বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰৰ লগতে ১৯৭৮ চনত পিএইচডি কৰিছিল। তাৰ পিছত তেওঁ কেমব্ৰিজ, মেছাচুচেটছৰ হাৰ্ভাৰ্ড-স্মিথচনিয়ান পদাৰ্থজ্যোতিৰ্বিজ্ঞান কেন্দ্ৰত কাম কৰে। তেওঁ ১৯৮০ চনৰ পৰা ১৯৮২ চনলৈ মিলাৰ ফেল' আৰু ১৯৮১ চনৰ পৰা কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলেত পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী আৰু সম্পূৰ্ণ অধ্যাপক আছিল। তেওঁ ১৯৮৬ চনত মেক্সপ্লেংক গেছেলস্কাফ্টৰ বৈজ্ঞানিক সদস্যপদ লাভ কৰে। তেওঁ মেক্সপ্লেংক বৰ্হিজাগতিক পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠানৰ সহযোগী সঞ্চালক আৰু ১৯৮৮ চনৰ পৰা মিউনিক লুডৱিগ মেক্সিমিলান বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক। ১৯৯৯ চনৰ পৰা তেওঁ কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলেত সম্পূৰ্ণ অধ্যাপক হিচাপে যুটীয়া নিযুক্তি লাভ কৰিছে। তদুপৰি তেওঁ জ্যোতিৰ্বিজ্ঞানৰ শ্বাৱ পুৰস্কাৰৰ নিৰ্বাচন সমিতিৰ সদস্য। কৰ্মৰাজি ৰেইনহাৰ্ড গেনজেলে অৱলোহিত আৰু উপমিলিমিটাৰ জ্যোতিৰ্বিজ্ঞান অধ্যয়ন কৰে। তেওঁ আৰু তেওঁৰ দলে জ্যোতিৰ্বিজ্ঞানৰ ভূমি আৰু মহাকাশ ভিত্তিক সঁজুলি বিকাশত সক্ৰিয়ভাৱে কাম কৰি আহিছে। তেওঁলোকে হাতীপটিৰ কেন্দ্ৰত তৰাসমূহৰ গতি অনুসৰণ কৰিবলৈ এইবোৰ ব্যৱহাৰ কৰিছিল। ইয়াৰ তেওঁলোকে দেখুৱায় যে চাগিটেৰিয়াছ এ*ৰ নামৰ এটা অতিভৰযুক্ত বস্তুৰ চাৰিওফালে এই তৰা সমূহে গতি কৰে। ইয়াক এতিয়া কৃষ্ণগহ্বৰ বুলি জনা যায়। তেওঁ বৰ্তমান তাৰকাৰাজ্যসমূহৰ গঠন আৰু বিৱৰ্তনৰ ওপৰত গৱেষণাৰত। ২০১৮ চনৰ জুলাই মাহত ৰেইনহাৰ্ড গেনজেলে প্ৰকাশ কৰে যে তৰা এছ২য়ে চাগিটেৰিয়াছ এ*ক কেন্দ্ৰ কৰি ৭,৬৫০ কিঃমিঃ/ছেকেণ্ড বা পোহৰৰ গতিৰ ২.৫৫% বেগেৰে ২০১৮ চনৰ মে মাহত ইয়াৰ পৰিকেন্দ্ৰ ১২০ মহাজাগতিক একক বা ১৪০০ স্কাৰজচাইল্ড ব্যাসাৰ্ধৰ কাষ চাপিছিল। ই তেওঁলোকক সাধাৰণ আপেক্ষিকতাবাদৰ সূত্ৰৰ সহায়ত আপেক্ষিক বেগৰ দ্বাৰা ৰেডশ্বিফ্টৰ পূৰ্বানুমানত সহায়ক হৈছিল। লগতে ইয়াৰ ফলত আপেক্ষিকতাবাদ তত্ত্বটোৰ অতিৰিক্ত নিশ্চিতকৰণ বিচাৰি পোৱা গ'ল। বঁটা আৰু সন্মান ষ্টুডিয়েনষ্টিফেটুং ডেছ ডিউটচেন ভলকেছ, ১৯৭৩-১৯৭৫ মিলাৰ গৱেষণা ফেল'শ্বিপ, ১৯৮০-১৯৮২ অট' হান পদক, মেক্সপ্লেংক গেছেলস্কাফ্ট, ১৯৮০ ৰাষ্ট্ৰপতিৰ যুৱ অনুসন্ধানকাৰী বঁটা, ৰাষ্ট্ৰীয় বিজ্ঞান ফাউণ্ডেচন, ১৯৮৪ নিউটন লেচি পিয়াৰ্ছ বঁটা, আমেৰিকান জ্যোতিৰ্বিজ্ঞান সমাজ, ১৯৮৬ গটফ্ৰেইড ৱিলহেম লেইবিনিজ বঁটা, ১৯৯০ ডে ভেকুঅ'লাৰছ পদক, টেক্সাচ বিশ্ববিদ্যালয়, ২০০০ প্ৰিস্ক জুলছ জানচিন, ফ্ৰান্স জ্যোতিৰ্বিজ্ঞান সমাজ, ২০০০ প্ৰয়োগিক পদাৰ্থ বিজ্ঞানৰ ষ্টাৰ্ণ গাৰলেক পদক, ২০০৩ অৱলোহিত জ্যোতিৰ্বিজ্ঞানৰ বালজান পুৰস্কাৰ, ২০০৩ এলবাৰ্ট আইনষ্টাইন পদক, ২০০৭ শ্বাৱ পুৰস্কাৰ, ২০০৮ "গেলেলিও ২০০০" বঁটা, ২০০৯ কাৰ্ল স্কৱাৰজচাইল্ড পদক, ২০১১ ক্ৰাফুৰ্ড বঁটা, ৰয়েল চুইডিছ একাডেমী, ২০১২ টাইক' ব্ৰাহে পুৰস্কাৰ, ইউৰোপীয়ান জ্যোতিৰ্বিজ্ঞান সমাজ, ২০১২ পৌৰ লে মেৰিটে, ২০১৩ হাৰ্ভি বঁটা, টেকনিয়ন প্ৰতিষ্ঠান, ইজৰাইল, ২০১৪ হাৰস্কেল পদক, ২০১৪ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা, ২০২০ বৈজ্ঞানিক সমাজৰ সদস্যতা আমেৰিকান ভৌতিক সমাজৰ সভ্য, ১৯৮৫ আকাদেমি ডেছ চায়েন্স (ইণ্টিচিটিষ্ট ডি ফ্ৰান্স)ৰ বিদেশী সদস্য, ১৯৯৮ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞান একাডেমীৰ বিদেশী সভ্য, ২০০০ ডয়েচে অকাডেমি ডেৰ নেচাৰ্ফোৰ্চেৰ লিওপ'ল্ডিনাৰ সদস্য, ২০০২ বেইৰিচে অকাডেমি ডেৰ ৱিচেন্সচাফেটেনৰ জ্যেষ্ঠ সদস্য, ২০০৩ ৰয়েল স্পেনিছ বিজ্ঞান একাডেমীৰ বিদেশী সদস্য, ২০১১ ৰয়েল ছ'চাইটি লণ্ডনৰ বিদেশী সদস্য, ২০১২ তথ্য উৎস বাহ্যিক সংযোগ জাৰ্মানীৰ ব্যক্তি পদাৰ্থ বিজ্ঞানী জ্যোতিৰ্বিজ্ঞানী পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা
82053
https://as.wikipedia.org/wiki/%E0%A6%94%E0%A6%AA%E0%A6%A8%E0%A6%BF%E0%A7%B1%E0%A7%87%E0%A6%B6%E0%A6%BF%E0%A6%95%E0%A7%8B%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%20%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF
ঔপনিৱেশিকোত্তৰ সাহিত্য
উত্তৰঔপনিৱেশিক সাহিত্য হৈছে পূৰ্বৰ উপনিৱেশিক দেশৰ লোকসকলৰ সাহিত্য। এন্টাৰ্কটিকাৰ বাহিৰে সকলো মহাদেশতে ই বিদ্যমান। উত্তৰ-ঔপনিৱেশিক সাহিত্যই প্ৰায়ে এখন দেশৰ উপনিৱেশমুক্তকৰণৰ সমস্যা আৰু পৰিণতিৰ বিষয়ে আলোচনা কৰে, বিশেষকৈ পূৰ্বতে বশৱৰ্তী হোৱা লোকসকলৰ ৰাজনৈতিক আৰু সাংস্কৃতিক স্বাধীনতাৰ সৈতে জড়িত প্ৰশ্ন আৰু বৰ্ণবাদ আৰু ঔপনিৱেশিকতাবাদৰ দৰে বিষয়বস্তুসমূহ। বিষয়টোক কেন্দ্ৰ কৰি এক পৰিসৰৰ সাহিত্য তত্ত্বৰ বিকাশ ঘটিছে। ইয়াত সাহিত্যক স্থায়ী আৰু প্ৰত্যাহ্বান জনোৱাৰ ক্ষেত্ৰত ভূমিকাক সম্বোধন কৰা হৈছে। উত্তৰ-ঔপনিৱেশিক সমালোচক এডৱাৰ্ড ছেইদে ইয়াক সাংস্কৃতিক সাম্ৰাজ্যবাদ বুলি অভিহিত কৰিছে। পৰিভাষা "উত্তৰ-ঔপনিৱেশিক"ত "উত্তৰ-" উপসৰ্গৰ তাৎপৰ্য্য পণ্ডিত আৰু ইতিহাসবিদসকলৰ মাজত বিতৰ্কৰ বিষয়। উত্তৰ-ঔপনিৱেশিক অধ্যয়নত ঔপনিৱেশিকতাবাদ কেতিয়া আৰম্ভ হৈছিল আৰু কেতিয়া শেষ হৈছে সেই সম্পৰ্কে এক ঐক্যবদ্ধ ঐকমত্য হোৱা নাই (অসংখ্য পণ্ডিতে যুক্তি দিছে যে ই শেষ হোৱা নাই)। কিন্তু গৰিষ্ঠসংখ্যক পণ্ডিতে এই কথাত একমত প্ৰকাশ কৰিছে যে "উত্তৰ-ঔপনিৱেশিক" শব্দটোৱে ঔপনিৱেশিকতাবাদৰ অন্ত পৰাৰ "পৰৱৰ্তী" এটা যুগক বুজায়। এই বিতৰ্কত ঔপনিৱেশিকতাবাদৰ ইতিহাসৰ প্ৰভাৱ পৰিছে, যিটো সাধাৰণতে কেইবাটাও ডাঙৰ পৰ্যায়ত বিভক্ত কৰা হৈছে। আমেৰিকাত ইউৰোপীয় উপনিৱেশিকৰণ ১৫ শতিকাত আৰম্ভ হৈছিল আৰু ১৯ শতিকালৈকে চলিছিল, আনহাতে আফ্ৰিকা আৰু এছিয়াৰ উপনিৱেশিকৰণ ১৯ শতিকাত তুংগত উঠিছিল। ২০ শতিকাৰ আৰম্ভণিলৈকে অ-ইউৰোপীয় অঞ্চলসমূহৰ বিপুল সংখ্যক ইউৰোপীয় ঔপনিৱেশিক শাসনৰ অধীনত আছিল। এইটো দ্বিতীয় বিশ্বযুদ্ধৰ পিছলৈকে চলিব যেতিয়া ঔপনিৱেশিক বিৰোধী স্বাধীনতা আন্দোলনে আফ্ৰিকা, এছিয়া আৰু আমেৰিকাৰ উপনিবেশমুক্তকৰণৰ সূচনা কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ দৰে বসতিপ্ৰধান ঔপনিৱেশিকতাবাদৰ দ্বাৰা প্ৰতিষ্ঠা হোৱা জাতিসমূহৰ উত্তৰ-ঔপনিৱেশিক অৱস্থাৰ সন্দৰ্ভতো ইতিহাসবিদসকলে ভিন্ন মতামত প্ৰকাশ কৰিছে।] গ্লোবেল চাউথত চলি থকা নব্য-ঔপনিৱেশিকতাবাদ আৰু ঔপনিৱেশিকতাবাদৰ প্ৰভাৱ (যিবোৰৰ বহুতো প্ৰত্যক্ষ প্ৰভাৱ ঔপনিৱেশিক শাসনৰ অন্ত পৰাৰ পিছতো স্থায়ী হৈ আছে) এটা জাতিৰ ঔপনিৱেশিক শাসনৰ অধীনত আৰু নথকাটোৱে ইয়াৰ উত্তৰ-ঔপনিৱেশিক মৰ্যাদাৰ নিশ্চয়তা প্ৰদান কৰে নে নাই সেইটো নিৰ্ণয় কৰাটো কঠিন কৰি তুলিছে। প্ৰমোদ নায়াৰে উত্তৰ-ঔপনিৱেশিক সাহিত্যক এইদৰে সংজ্ঞায়িত কৰিছে-"যিটোৱে ইউৰো-আমেৰিকান মতাদৰ্শ আৰু প্ৰতিনিধিত্বৰ সৈতে আলোচনা কৰে, প্ৰতিদ্বন্দ্বিতা কৰে আৰু বিধ্বস্ত কৰে"। শব্দটোৰ বিৱৰ্তন পণ্ডিতসকলৰ মাজত "উত্তৰ-ঔপনিৱেশিক সাহিত্য" শব্দটোৱে প্ৰাধান্য লাভ কৰাৰ আগতে "কমনৱেলথ সাহিত্য" শব্দটোক ব্ৰিটিছ কমনৱেলথৰ অন্তৰ্গত উপনিৱেশ বা জাতিসমূহৰ পৰা ইংৰাজী ভাষাত লিখাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। এই শব্দটোত ব্ৰিটেইনৰ পৰা অহা সাহিত্য অন্তৰ্ভুক্ত হ’লেও ব্ৰিটিছ উপনিৱেশৰ ইংৰাজীত লিখাৰ বাবে ইয়াক বেছিকৈ ব্যৱহাৰ কৰা হৈছিল। ৰাষ্ট্ৰসংঘৰ সাহিত্যৰ পণ্ডিতসকলে ঔপনিৱেশিকতাবাদৰ বিষয়টোৰ ওপৰত আলোচনা কৰা ইংৰাজী ভাষাৰ লেখাটোক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰিছিল। তেওঁলোকে ইয়াক সাহিত্যিক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰিছিল, যিবোৰ এতিয়ালৈকে ব্ৰিটিছ কেননৰ আধিপত্য আছিল। কিন্তু পৰৱৰ্তী প্ৰজন্মৰ উত্তৰ-ঔপনিৱেশিক সমালোচকসকলে, যাৰ বহুতেই উত্তৰ-গাঁথনিবাদী দাৰ্শনিক পৰম্পৰাৰ অন্তৰ্গত, ব্ৰিটেইনত ৰচিত "ইংৰাজী" ভাষাৰ সাহিত্যৰ পৰা অ-ব্ৰিটিছ লেখাক পৃথক কৰাৰ বাবে "কমনৱেলথ" লেবেলৰ সৈতে বিতৰ্ক কৰিছিল। তেওঁলোকে এইটোও মত প্ৰকাশ কৰিছিল যে এই শ্ৰেণীৰ গ্ৰন্থসমূহে ঔপনিৱেশিকতাবাদৰ উত্তৰাধিকাৰৰ ওপৰত সঘনাই এক অদূৰদৰ্শী দৃষ্টিভংগী উপস্থাপন কৰে। "উত্তৰঔপনিৱেশিক" নে "উত্তৰ-ঔপনিৱেশিক"? ক্ষেত্ৰখনত এটা একমত লোৱা হৈছে যে "উত্তৰ-ঔপনিৱেশিক"-এ (হাইফেনৰ সৈতে) এটা সময়ক বুজায় যি কালক্ৰমিকভাৱে ঔপনিৱেশিকতাৰ "পিছত" আহে। আনহাতে, "উত্তৰঔপনিৱেশিক"-এ সময়কাল আৰু ভৌগোলিক অঞ্চলসমূহৰ মাজেৰে ঔপনিৱেশিকৰণৰ স্থায়ী প্ৰভাৱৰ সংকেত দিয়ে। হাইফেনে বুজাইছে যে ইতিহাস প্ৰাক-ঔপনিৱেশিকৰ পৰা উত্তৰ-ঔপনিৱেশিকলৈকে পৰিপাটিভাৱে পৃথক কৰিব পৰা পৰ্যায়ত উন্মোচিত হয়। হাইফেনটো বাদ দিলে এটা তুলনামূলক কাঠামোৰ সৃষ্টি হয় যাৰ দ্বাৰা ঔপনিৱেশিক প্ৰভাৱৰ প্ৰতি স্থানীয় প্ৰতিৰোধৰ বিভিন্নতা বুজিব পাৰি। হাইফেনৰ পক্ষত থকা যুক্তিসমূহে প্ৰকাশ কৰে যে "উত্তৰ-ঔপনিৱেশিক" শব্দটোৱে বিশ্বৰ বিভিন্ন অংশত ঔপনিৱেশিক ইতিহাসৰ মাজৰ পাৰ্থক্যক পাতল কৰে আৰু ই ঔপনিৱেশিক সমাজসমূহক একাকাৰ কৰে। এই বিতৰ্কসমূহত অংশগ্ৰহণ কৰা সমালোচনাত্মক লেখাৰ শৃংখলাটোক উত্তৰ-ঔপনিৱেশিক তত্ত্ব বোলা হয়। তথ্য সংগ্ৰহ
58781
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0%20%E0%A6%9A%E0%A7%B0-%E0%A6%9A%E0%A6%BE%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%80
অসমৰ চৰ-চাপৰিবাসী
অসমৰ চৰ-চাপৰিবাসী বুলি ক'লে নৈ পৰিয়া চাপৰি অঞ্চলত বাস কৰা লোক সকলক বুজা যায়। অসমখন ভাৰত যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূৱ সীমান্তত অৱস্থিত এখন ৰাজ্য। অসমৰ সোঁ মাজেদি সুবিশাল মহাবাহু ব্ৰহ্মপুত্ৰ নদ পূৱৰ পৰা পশ্চিমলৈ বৈ গৈছে। অসমৰ সভ্যতা, সংস্কৃতি, লুইতৰ লগত গভীৰভাৱে জড়িত। ১৯৫০ চনৰ প্ৰবল ভূমিকম্পৰ পিছত নামনি অসমত লুইতৰ বুকুত যথেষ্ট সংখ্যক চৰৰ সৃষ্টি হয়। তদুপৰি খহনীয়াৰ ফলতো নতুনকৈ চৰৰ সৃষ্টি হোৱাত অকল ধুবুৰী জিলাতেই ৩১৩খন চৰ গাওঁ স্থাপিত হয়। ইতিহাস আমাৰ মাতৃভূমি ভাৰত তথা অসমলৈ আৰ্য-অনাৰ্য, শক, কুষাণ, মোগল, পাঠান, মঙ্গোলীয়, তিব্বতী, বৰ্মা, অষ্ট্ৰিক আদি সকলো জনগোষ্ঠীৰ লোকেই প্ৰব্ৰজিত হৈ আহিছে, কোনোবা জনগোষ্ঠী আগত আহিছে, কোনোবা জনগোষ্ঠী পিছত আহিছে। মুঠতে ভাৰত তথা অসমলৈ সকলো জনগোষ্ঠীৰ লোকেই প্ৰব্ৰজিত হৈ আহিছে আৰু আটায়েই একত্ৰিত ভাৱে ইয়াক নিজৰ মাতৃভূমি বুলি গ্ৰহণ কৰি ‘জীৱন মৰণে’ ইয়াতে থাকি ইয়াক সমৃদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমীয়া সংস্কৃতি এক সংমিশ্ৰিত কৃষ্টি। বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন জনগোষ্ঠীৰ লোকসকলে সন্মিলিতভাৱে গঢ়ি তুলিছে অসমীয়া সংস্কৃতি, অসমীয়া জাতি। অসমীয়া জাতি গঠন প্ৰক্ৰিয়া কেতিয়াও সম্পূৰ্ণ বন্ধ হোৱা নাই। আনহাতে আজিৰ সমৃদ্ধিশালী অসমীয়া সংস্কৃতি সেয়াও একেদিনে বা মাথোঁ কোনো বিেশেষ জনগোষ্ঠীৰ লোকৰ অৱদানেৰে সমৃদ্ধ হোৱা নাই। চামে চামে বিভিন্ন জনগোষ্ঠীৰ লোকে অসমলৈ আহি ইয়াত লীন যোৱাৰ দৰে মুছলমানসকলো আন ঠাইৰ পৰা অসমলৈ আহি ইয়াত লীন হৈছে। অসমত মুছলমানসকলৰ আগমন ১২০৫ বা ১২০৬ খ্ৰীষ্টাব্দত বুলি ইতিহাসে কয়। উক্ত সময়ৰ আগে পিছে অহা মুছলমানসকলক অসমীয়া মুছলমান বুলি কোৱা হয়। আজিৰ সময়ত আৰু এচাম মুছলমান আছে। তেওঁলোক বঙ্গমূলীয় মুছলমান। বঙ্গমূলীয় মুছলমানসকলৰ অসমলৈ আগমন ঘটিছে ব্ৰিটিছ সকলৰ শাসন কালত। আৰু এই বঙ্গমূলীয়া মুছলমান সকলে বিশেষকৈ সেই সময়ৰ গোৱালপাৰা জিলাত থাকিবলৈ লয়। বঙ্গমূলীয়া মুছলমানসকলক বিভিন্নজনে বিভিন্ন নামেৰে চিহ্নিত কৰাৰ চেষ্টা কৰিছে যদিও আজলৈকে সঠিক তথা সৰ্বজনগ্ৰাহ্য নামকৰণ হোৱা নাই। ১৮২৬ খ্ৰীঃৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে সম্পাদিত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম ব্ৰিটিছৰ শাসনাৰ্ধীন হয়। তাৰ পিছতেই ব্ৰিটিছ চৰকাৰে গোৱালপাৰা জিলাক গাৰোপাহাৰৰ পৰা আঁতৰাই অসমৰ সৈতে চামিল কৰে। ১৮২৬ খ্ৰীঃৰ পৰা ১৮৬৬ খ্ৰীঃলৈ গোৱালপাৰা জিলা অসমৰ সৈতে আছিল। কিন্তু ১৮৬৭ খ্ৰীঃৰ ৩ ডিচেম্বৰত ব্ৰিটিছ চৰকাৰে গাৰোপাহাৰ আৰু গোৱালপাৰা জিলাক অসমৰ পৰা আঁতৰাই নি নতুনকৈ গঠন কৰা কোচ বিহাৰ কমিছনাৰেটৰ অন্তৰ্ভুক্ত কৰে। ১৮৭৪ খৃঃত চৰকাৰে গোৱালপাৰা জিলাক পুনৰ অসমৰ শাসনাধীন কৰে। ১৯০৫ খ্ৰীঃত ৰাজনৈতিক কাৰণত ব্ৰিটিছ চৰকাৰে বঙ্গদেশক বিভক্ত কৰি পূৰ্ব আৰু পশ্চিম বঙ্গ নামেৰে দুখন ৰাজ্য গঠন কৰে। তাৰ পিছতে পূৰ্ব বঙ্গক অসমৰ পৰা পৃথক কৰে। তেতিয়াৰ পৰাই গোৱালপাৰা জিলা সম্পূৰ্ণৰূপে অসমৰ অন্তৰ্ভুক্ত হৈ আছে। অৱশ্য পূৰ্বৰ সেই গোৱালপাৰা জিলাক সম্প্ৰতি প্ৰশাসনিক সুবিধাৰ্থে ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, আৰু গোৱালপাৰা জিলাত বিভক্ত কৰা হৈছে। অতীতত বিভিন্ন কাৰণত অবিভক্ত গোৱালপাৰা জিলাখন বঙ্গদেশৰ সৈতে সংযুক্ত হৈ থকা বাবে অসমৰ অন্যান্য জিলাৰ তুলনাত এই জিলাত বঙ্গীয়মূলৰ লোকৰ জনবসতি ঘন। লোক-সংস্কৃতি বৰ লুইতৰ বিস্তীৰ্ণ পাৰৰ পলসুৱা ৰসাল আবাদি মাটিত ৰ’দ, বৰষুণ, ধুমুহা, বানপানী, খৰাং, খহনীয়া আদি প্ৰাকৃতিক পৰিঘটনাৰ সতে সহাৱস্তান কৰি জীৱন নিৰ্বাহ কৰা লোকসকল হ’ল চৰ-চাপৰিৰ বাসিন্দা। এই লোকসকলৰো নিজস্ব এটি সত্তা আৰু সংস্কৃতি আছে। বাসস্থান প্ৰায় এশ শতাংশই মুছলমান সম্প্ৰদায়ৰ অতি পৰিশ্ৰমী চৰ-চাপৰিৰ লোকৰ ঘৰবোৰ সাধাৰণতে বাঁহ, কঁহুৱা, ইকৰা, খেৰ, মৰাপাট আদিৰে সজা আৰু নৈ, বিলৰ পাৰে পাৰে খলা-বমা বাটৰ কাষে কাষে শাৰী পতা। কৃষিভিত্তিক হোৱা বাবেই প্ৰত্যেক ঘৰৰ সন্মুখত শস্য চপোৱাৰ বাবে এখনকৈ আগচোতাল (বাইৰ বাৰী) থাকে, গৰু-ম’হে পানী খোৱাৰ বাবে গোহালিৰ ওচৰতে একো একোখন বাঁহৰ খাচত মাটিৰ বা ছিমেণ্টৰ একো একোটা পাত্ৰ (চাৰি) আদি থাকে। প্ৰায় প্ৰত্যেক ঘৰতে গৰু, ম’হ, ছাগলী, ভেৰা, ঘোঁৰা, হাঁহ-কুকুৰা আদি থাকে। পৰিয়ালৰ মুৰব্বী বা মুখিয়াল ব্যক্তিজন থকা বিশেষ ঘৰটোক বৰো (ডাঙৰ) ঘৰ বুলি কোৱা হয়। অইন মানুহ আহিলে তেওঁলোকৰ বহাৰ কাৰণে একো একোটা আচুতীয়া ঘৰো (মাকৰি ঘৰ) থাকে। প্ৰায় প্ৰত্যেক ঘৰতে আম, কঁঠাল, জাম, কলগছ আদি যথেষ্ট পৰিমাণে থাকে। শীতকালত প্ৰায়ভাগ মানুহৰে পাকঘৰৰ (ৰন্ধা ঘৰ) সন্মুখত চৌকা (আইচাল) আদি মৰাপাটৰ ঠাৰিৰে বেৰ (বাওবেৰা) দি ৰন্ধা-বঢ়া কৰা হয়। গাঁওবিলাকৰ একোখনকৈ সামাজিক খেল থাকে। প্ৰত্যেক খেলৰ মুখিয়াল জনক মাতাব্বৰ বা দেওৱানী বোলা হয়। আৰু তেওঁৰ নিৰ্দেশত খেলখন চলে। চৰ-চাপৰিত উৎপন্ন হোৱা শস্য যিহেতু চাপৰিবাসীসকল কৃষি ভিত্তিক সেয়ে তেওঁলোকৰ খেতি-বাতিত উৎপন্ন হোৱা শস্যৰ তালিকাও বহল। তেওঁলোক খেতিত উৎপন্ন কৰা শস্যৰ তালিকা তলত উল্লেখ কৰা হ’ল। ধান ঘেঁহু মৰাপাট ধৈঞ্চা (বেঙলী ভাষাত) কহুঁৱা মাকৈ কুঁহিয়াৰ বাদাম তৰমুজ ভাঙি বেঙেনা জলকীয়া গাজৰ মূলা কেৰেলা ফুলকবি বন্ধাকবি জাতি লাও ৰঙা লাও তিয়ঁহ ভেণ্ডি ওলকবি আলু মিঠা আলু কল বিভিন্ন জাতৰ মচলা ভাষা চৰ-চাপৰিবাসীৰ স্থানীয় সুকীয়া ভাষা (ভাটিয়ালি ভাষা) আছে। ইয়াৰে অধিকাংশ বঙালী ভাষাৰ লগত মিল আছে যদিও গোৱালপাৰীয়া আৰু অসমীয়া ভাষাৰো কিছু সংমিশ্ৰণ দেখা যায়। যেনে- সাপ, শাক, শগুণ, শুকান, শেৱালি আদি বহু অসমীয়া শব্দ ব্যৱহাৰ হোৱা দেখা যায়। এই অঞ্চলৰ শিক্ষানুষ্ঠান বিলাকত অসমীয়া মাধ্যমত শিক্ষাদান দিয়া হয়। আৰু সকলোৱে অসমীয়া ভাষাত গল্প, কবিতা, প্ৰবন্ধ, দলিল আদি লিখা-মেলা কৰে। ৰীতি-নীতি চৰ-চাপৰি অঞ্চলত অতীত কালৰ পৰা কিছুমান লোকাচাৰ, অন্ধবিশাস চলি আহিছে। বাৰিষাৰ পিছত হাইজা, কলেৰা আদি ৰোগ খেদিবলৈ ওজা বা কবিৰাজৰ দ্বাৰা গলত তাবিজ লগোৱা, কাণত, চূণ লগোৱা, গাভৰু ছোৱালী ডাঙৰ গছৰ তলেদি অহা-যোহা কৰিবলৈ নিদিয়া, ওজাৰ দ্বাৰা ভূত-প্ৰেত এৰোৱা, পহিলা বহাগত জিকা গছৰ গুটি খুওৱা বা খোৱা, ২১ (একৈছ) বিধ গছৰ শাক খোৱা, বাওধানৰ খীৰ খোৱা, পাচলি খেতিত মাটিৰ টেকেলিত চূণ কালিৰে বিকট আকাৰৰ লাওখোলা (ছোঁ) বনোৱা, যাত্ৰাপথত পিছ ফালৰ পৰা মাত নিদিয়া, ভঁৰালত ধান ভৰাওতে কথা নপতা, গৰু-ম’হৰ প্ৰথম গাখীৰ কুঁৱা বা নদীত পেলোৱা, ৪০ (চল্লিশ) দিনলৈকে গাখীৰ গৰম নকৰা, জ্যেষ্ঠজনৰ সন্মুখত উচ্চ আসনত নবহা, হাতে হাতে চূণ নোলোৱা, ডাঙৰ ঘৰত অকলে নোশোৱা, মুখেৰে ফুৱাই চাকি নুনুমুৱা বিচনী-বাঢ়নি আৰু গাৰুত নবহা, ফটা কাপোৰ শৰীৰত নিচিলোৱা, সন্তান গৰ্ভত থকা অৱস্থাত স্বামীয়ে চৰাই-চিৰকটি আদি জবেহ নকৰা (নামাৰা), কলা মেকুৰী দেখিলে যাত্ৰা নষ্ট হোৱা, জেঠীয়ে টিক্-টিক্ কৰিলে যাত্ৰা অশুভ হোৱা, ভঙা পাত্ৰত আহাৰ নোখোৱা, দুৱাৰ দলিত বহি আহাৰ ভক্ষণ নকৰা, শনি-মঙ্গলবাৰে কোনো শুভ কাম কৰাত বাধা, চ’ত মাহত কোনো মাংগলিক কাম নকৰা, বৃহস্পতিবাৰে বাঁহ নকটা, মূৰত তেল লগাই মৰাপাটৰ গুটি সিঁচা, সন্তান জন্মৰ পিছত প্ৰসূতি বা পোৱতিৰ ঘৰ-জাল-বগৰী কাঁইটীয়া ডাল গৰুৰ হাড়-লোৰ সামগ্ৰী আদি দি ভূত-প্ৰেত আদিৰ পৰা ৰক্ষা কৰা, কেঁচুৱাৰ মাতৃক কলডিল ভাজি খুওৱা আদি বহুতো লোকাচাৰ পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আছে যদিও সাম্প্ৰতিক কালত এইবোৰৰ প্ৰভাৱ যথেষ্ট সলনি হৈছে। চৰ-চাপৰি লোকসকলে সামাজিক বিবাহ ‘নিকাহ’ বুলি যুগ্ম জীৱনৰ পাতনি মেলাৰ স্বীকৃতি হিচাপে এই সমাজত বিবাহ বা নিকাহৰ প্ৰচলন আছে। এই সমাজত পিতৃ-মাতৃৰ ইচ্ছানুযায়ী সামাজিক বিবাহ হয়। প্ৰেম বিবাহ এই সমাজ ব্যৱস্থাৰ পৰিপন্থী। দৰা-কইনাক পাল্কি, গৰুৰ গাড়ী, ম’হৰ গাড়ী আৰু ঘোঁৰাত তুলি অনাৰ প্ৰচলন আছে। চৰ-চাপৰিৰ সমাজত সন্তান জন্মাৰ দিনৰে পৰা পিতৃ-মাতৃৰ ওপৰত সন্তান ‘আকিকা’টো ফৰজ (কৰ্তব্য) বা একান্ত কৰণীয় লৈ চল্লিছ দিনলৈকে প্ৰসূতিক চুৱা ঘৰত ৰখা হয়। এই আকিকাৰ সময়ত নিজৰ সন্তানটিৰ মঙ্গল কামনাৰে গো-ছাগলী আদি পশু আল্লাহৰ ৱাস্তে উছৰ্গা কৰি দুখীয়া নিঃকিন মানুহৰ মাজত বিলাই দিয়া হয়। এই সময়তে সন্তানৰ নামকৰণো কৰা হয়। এই সমাজৰ ল’ৰা সকলক সাবালক হোৱাৰ আগে আগে অৰ্থাৎ শৈশৱকালত খাৎনা বা মুছলমানী কৰা প্ৰথা এটিও প্ৰচলন আছে। এই প্ৰথাটো এক উৎসৱ হিচাবে পালন কৰা হয়। মৃতকৰ লোকাচাৰ চৰ-চাপৰিত মৃতকক সমাধিস্থ (কবৰস্থ) কৰা হয়। ইয়াৰ বাবে সুকীয়া কবৰস্থান থাকে। অৱশ্য কিছুমান ব্যক্তিৰ ঘৰত নিজৰ পৰিয়ালৰ মানুহৰ বাবে সুকীয়া কবৰস্থান আছে। মুমূৰ্ষুু ব্যক্তিয়ে শেষ নিশ্বাস ত্যাগ কৰাৰ আগতে ওচৰ সম্বন্ধীয় লোকৰ উপস্থিতিত দোৱা আছতাগফাৰ পঢ়ি নিজৰ গুনাহৰ বাবে বা ভুলৰ বাবে তৌবাহ কৰে। ঋণ আদি থাকিলে পৰিশোধ কৰা নাইবা ল’ৰা-ছোৱালী, ভাই-ককাই আদিক তেনে পৰিশোধ কৰিবলৈ কৈ যায়। মৃত্যুৰ পিছত মৃতকক অজু আৰু গোচল কৰাই বা ভালদৰে গা-ধুৱাই পৰিষ্কাৰ পৰিচ্ছন্ন কৰি কাফনৰ কাপোৰ (বগা কাপোৰ) পিন্ধাই সমূহীয়াভাৱে জানাজা দোৱা কৰে (জানাজা নামাজ বুলিও কয়, কিন্তু কোনো সিজিদা নাথাকে)। আৰু খাটলিত (চাংখাটত) তুলি কবৰস্থানলৈ গৈ কবৰ দিয়া হয়। তাৰ পিছত মৃত ব্যক্তিৰ বাবে দোৱা কৰা হয় আৰু মৃত্যুৰ তিনিদিন পিছত দুখীয়াক এসাজ ভোজ দিয়া হয়। আ-অলংকাৰ, সাজ-পাৰ, বাচন-বৰ্তন ইত্যাদি অলংকাৰ ধুবুৰী জিলাৰ চৰ-চাপৰি অঞ্চলত বিভিন্ন উৎসৱ-পাৰ্বনত (বিয়া, সভা, আকিকা আদিও) কিছুমান সোণ-ৰূপৰ অলংকাৰ ব্যৱহাৰ কৰা সংস্কৃতি বিৰাজমান। যেনেঃ- গলৰ হাৰ, নেকলেচ, ঝুমকা, মাকৰি, বালি, কাণফুল, নাকফুল, আইংটা (বুল্লক), খাৰু, চুৰি, হাতবাজু, পায়েল, কঁকালৰ ৰূপৰ গোট, টিকলি ইত্যাদি। সাজ-পাৰ পৰাম্পৰাগতভাৱে এই অঞ্চলৰ ল’ৰাবোৰে হাফপেণ্ট, লুংগি, গেঞ্জি, চোলা আদি পিন্ধে। পুৰুষসকলে বিভিন্ন ৰঙৰ লুংগি, পাঞ্জাবী, পায়জামা, দীঘল চোলা, ডাঙৰ ৰঙীন গামোচা, মাফলাৰ, বিভিন্ন ৰঙৰ টুপী (বিশেষভাৱে নামাজ পঢ়া টুপী), গিলাপ (ডাঙৰ ঊৰা চাদৰ) আদি পিন্ধে। ছোৱালীবোৰে ডুমা, ঘাগৰা, ফ্ৰক, নেটি, সৰু সৰু শাৰী, উৰনা, আদি আৰু মহিলা সকলে মোটা ৰঙীন পাৰি থকা শাৰী, পেটিকোট, কঁকাল ঢকা ব্লাউজ, বিভিন্ন ৰঙৰ বোৰ্খা, উৰনা, আদি ব্যৱহাৰ কৰি অহা দেখা যায়। বাচন-বৰ্তন কাঁহ, পিতল, এলুমিনিয়াম, টিন, ষ্টিল, লো, মাটি, চিনা-মাটি আদিৰ কাঁহী-বাটি, গিলাচ, বদনা, চৰিয়া, চামুচ, কেটলি, ডেকচি, পাতিল, কেৰাহি, টৌ, মাটিৰ কলহ খোলা, কাদা, খোৰা, হানকি, চৰি (চাৰি) আদি ব্যৱহাৰ কৰাৰ পৰম্পৰা আছে। খেল-ধেমালি চাপৰি অঞ্চলত পৰম্পৰাগতভাৱে চলি থকা কিছুমান খেল হ’লঃ- ঘোঁৰা দৌৰ খেল, নাও বাইছ খেল, চংগ (মৈ) দৌৰ খেল, হা-ডু-ডু (কাবাডি বিশেষ) খেল, টাংগুটি খেল, গোল্লা-গোল্লা খেল, গাদম খেল, ফুটবল খেল, ভলিবল খেল আদি। গীত গীতৰ সংস্কৃতি চাপৰি বাসীৰ মাজত প্ৰবল। মাৰফতি গান, জাৰী গান, নাও খেলৰ গীত, বিয়া গীত, ভাটিয়ালী গীত, লোকগীত, যাত্ৰাপালাৰ গীত, ভাওৱাই গীত, হিন্দী গীত, অসমীয়া গীত, বঙালী গীত আদি। বাদ্যযন্ত্ৰ সাধাৰণতে দোতৰা, সাৰিন্দা, ডুগ-ডুগী, ঢোল, খোল, হাৰমনিয়াম, একতাৰা ইত্যাদি। মাছ ধৰা সুঁজলি চৰ-চাপৰি বাসীৰ মাজত মাছ ধৰা সংস্কৃতি প্ৰবল। হাইলাং জাল (ইলিচ মাছ ধৰা জাল), ডোৰা জাল, ঠেলা জাল, খৰা জাল, খেৱালী জাল, ফাঁচী জাল, ভেৱাইল জাল, প’ল, চাক জাল, জুতি (জুইত) বিভিন্ন প্ৰকাৰৰ বৰশী, সৰিক জাল, বানা, ধীৱাইৰ, কাইটা আদি প্ৰধান মাছ ধৰা সঁজুলি পৰাম্পৰাগতভাৱে চলি আছে। মুঠতে চৰ-চাপৰিবাসীৰ লোকসকলৰ বাবে ৰহণীয়া এক নিজস্ব সংস্কৃতি বিৰাজমান। চৰাঞ্চলৰ লোক সাহিত্য অসমৰ লোক সাহিত্যৰ ভঁৰাল বাৰুকৈয়ে টনকিয়াল। অসমৰ লোক সমাজেই অসমৰ লোক সাহিত্যৰ সৃষ্টিকৰ্তা। অসমৰ বিভিন্ন জনগোষ্ঠিয়ে যিদৰে বলিষ্ঠ অসমীয়া জাতি গঢ়ি তুলিছে, ঠিক সেইদৰে অসমৰ ভাষা সাহিত্য তথা লোক সাহিত্যও আগবঢ়াই লৈ গৈছে। এনে ক্ষেত্ৰত মিঞা বা ন-অসমীয়া সকলো পিছপৰি থকা নাই। ওপৰত উল্লেখ কৰা মতে বিভিন্ন আচাৰ পৰম্পৰা, বিভিন্ন খেলধেমালিৰ লগতে বিভিন্ন ধৰণৰ গীত-মাতৰ প্ৰচলন থকা এই লোক সকলৰ এখন লোক সাহিত্যৰ কথা দাঙি দৰে। ইয়াৰ উপৰিও গল্প, সাধুকথা, মিঞা কবিতা ইত্যাদিৰে ভৰপুৰ হৈ আছে অসমৰ সাহিত্যত। উদাহৰণস্বৰূপ- ১৯৭৭ চনত প্ৰথমবাৰ বাবে ছপা হোৱা ‘ৰহিম-ৰূপবানৰ সাধু’। এনে ধৰণৰ আৰু বহুবোৰ সাধু বৰ্তমান কিতাপ আকাৰত দেখিব পোৱা যায়। যিবোৰ এই চৰ-চাপৰিবাসীৰ মুখে মুখে প্ৰচলন হৈ আহিছিল। আনকি ইণ্টাৰনেটত বিচাৰিলে অনেক মিঞা কবিতাৰ উমান পাব পাৰি। সম্প্ৰতি মিঞা কবিতাই অসমৰ লগতে পশ্চিম বঙ্গ তথা বাংলাদেশত বৰ জনপ্ৰিয় হৈ উঠিছিল। আনকি বহু সমালচোনা, বিতৰ্কও হোৱ দেখা যায়। চৰাঞ্চলৰ লেখকৰ গ্ৰন্থ চৰ-চাপৰিৰ কবিতা লুইতৰ প্ৰেমত আহত আত্মা প্ৰেম আৰু পৃথিৱী সম্বয়ৰ সমদল গঙ্গাদেৱী বড়োৰ সৈতে কথোপকথন পথাৰ আকাশ, পথাৰ আৰু ক’লা ঘোঁৰা শত কলিৰ সুবাস শান্তি স্মৃতি আৰু জোনাক লুইতৰ পাৰে পাৰে নিশিপথ জীৱন আৰু মানুহ বিষয়ক বিজ্ঞাপন নৈপৰীয়া চিঠি কবিতা আৰু আবৃত্তি নাগৰিক ও অন্যান্য কবিতা মৃত্যুৰ বিৰুদ্ধে প্ৰথম প্ৰতিবাদ নদীয়ালৰ আত্মকথা এইফালে ৰজা যায় উচ্ছেদৰ কবিতা তোমাৰ চহৰত তুমি নাই জিলা ভিত্তিক চৰ-চাপৰিৰ গাঁৱৰ সংখ্যা অধিক পঢ়ক আই এম ডি টি আইন, ১৯৮৩ মিঞা জনগোষ্ঠী তথ্যউৎস অসমৰ
41596
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%9A%E0%A7%80%E0%A6%A8%20%E0%A6%AF%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A7
ভাৰত-চীন যুদ্ধ
ভাৰত-চীন যুদ্ধ বা ভাৰত-চীন সীমা বিবাদ ১৯৬২ চনত ভাৰত আৰু চীনৰ মাজত সংঘটিত এখন যুদ্ধ। বিবাদেৰে আৱৰা হিমালয়ান সীমাই আছিল এই যুদ্ধৰ মূল কাৰণ। পিচে অন্য কিছু কাৰণো এই যুদ্ধৰ বাবে দায়ী। ভাৰতে দালাই লামাক সহযোগ কৰাৰ পাছত ১৯৫৯ চনত হিংসুক তিব্বতীয় আন্দোলন গঢ় লৈ উঠিছিল। ভাৰতে ফৰ্ৱাৰ্ড পলিচী গ্ৰহণ কৰিলে আৰু মেক-মহান ৰেখাৰ বহু উত্তৰে, চীনা প্ৰধানে দাবী কৰা লাইন অৱ কণ্ট্ৰলৰ পূব দিশে সেনাৰ ঘাটি স্থাপন কৰিলে ১৯৫৯ চনত। ৩২২৫ কিলোমিটাৰ দীঘল এই সীমাৰ বিবাদৰ বাবে ১৯৬২ চনৰ ২০ অক্টোবৰত চীনে লাডাখত, মেক-মহান ৰেখাৰ পাৰে আক্ৰমণ কৰে। দুয়ো দিশে আগ বাঢ়ি আহি চীনে পশ্চিমে চুশ্বুলুঙৰ ৰেজাং লা আৰু পূবে টাৱাং দখল কৰে। ১৯৬২ চনৰ ২০ নৱেম্বৰত যুদ্ধ সমাপ্ত হয় যেতিয়া চীনে যুদ্ধ বিৰতি ঘোষণা কৰে। ভাৰত-চীনৰ এই যুদ্ধ নিষ্ঠুৰ পৰ্বতীয় যুদ্ধ পৰিস্থিতিৰ বাবে উল্লেখনীয়। যুদ্ধৰ অধিকাংশ ৪০০০ মিটাৰৰো অধিক উচ্চতাত সংঘটিত হৈছিল। আন এক উল্লেখনীয় তথ্য হ'ল যে ভাৰত আৰু চীন উভয়ে জল সেনা আৰু বায়ু সেনাৰ প্ৰয়োগ কৰা নাছিল। স্থান চীন আৰু ভাৰতৰ সীমা দীঘলীয়া যি নেপাল, ছিক্কিম (তেতিয়া ভাৰতৰ দ্বাৰা সংৰক্ষিত এক অঞ্চল) আৰু ভূটানৰ দ্বাৰে তিনি ভাগত বিভক্ত। এই সীমাৰ দৈৰ্ঘ্য ম্যানমাৰৰপৰা তেতিয়াৰ পশ্চিম পাকিস্তানলৈকে। এই সীমাত কেইবাটাও বিবাদিত অঞ্চল আছে-- পশ্চিমে আক্সাই চিন, যি চুইজাৰলেণ্ডৰ সমান ডাঙৰ এক অঞ্চল আৰু য'ত চীনৰ ছিঞ্ছিয়াং আৰু তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ সদৰ আছে (তিব্বতে ১৯৬৫ চনত স্বায়ত্তশাসিত অঞ্চলৰ মৰ্যাদা লাভ কৰিছিল), পূবে (ভূটান আৰু ম্যানমাৰ মাজত) অৰুণাচল প্ৰদেশ (পূৰ্বতে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি দুয়ো অঞ্চলেই চীনে ১৯৬২ চনত দখল কৰিছিল। যুদ্ধৰ অধিকাংশই অতি উচ্চতাত অৱস্থিত স্থানত সংঘটিত হৈছিল। আক্সাই চিন ৫০০০ মিটাৰমানৰ উচ্চতাৰ এক ছল্ট ফ্লেটৰ মৰুভূমি। অৰুণাচল প্ৰদেশত ৭০০০ মিটাৰতকৈ অধিক উচ্চতাৰ কেইবাটাও শৃংগ আছে। চীনা সেনাই অঞ্চলটোৰ এক অতি উচ্চ স্থান দখল কৰিছিল। প্ৰথম বিশ্ব যুদ্ধৰ ইটালিয়ান কেম্পেইনৰ দৰেই এই যুদ্ধতো দুয়ো পক্ষৰেই বহু সৈনিক শত্ৰুৰ আক্ৰমণৰ পৰিবৰ্ত্তে পৰিৱেশৰ বাবেহে মৃত্যু মুখত পৰিছিল পটভূমি যুদ্ধৰ মূল কাৰণ আছিল আক্সাই চিন আৰু অৰুণাচলৰ সাৰ্বভৌমত্বক লৈ বিবাদ। ভাৰতে কাশ্মীৰৰ অংগ বুলি দাবী কৰা আৰু চীনা ছিঞ্ছিয়াঙৰ অংগ বুলি দাবী কৰা আক্সাই চিনৰ মাজেৰে তিব্বত আৰু ছিঞ্ছিয়াং সংযোগী এটি পথ আছে। চীনে এই পথ নিৰ্মাণ কৰা কাৰ্যয়ো যুদ্ধৰ আৰম্ভণিত অৰিহণা যোগালে বুলি ক'ব পাৰি। আক্সাই চিন ভাৰত-চীন সীমাৰ পশ্চিম অংশ নিৰ্দ্ধাৰিত হ'ল ১৮৩৪ চনত, যেতিয়া শিখ মিচলে লাডাখত অভিযান চলালে। সেই সময়ত শিখ মিচলে জম্মু আৰু কাশ্মীৰকে ধৰি উত্তৰ ভাৰতৰ অধিকাংশ শাসন কৰিছিল। ১৮৪২ চনত শিখ মিচলে এক চুক্তি স্বাক্ষৰ কৰিছিল সেই সময়ত প্ৰচলিত সীমাৰ পক্ষে ১৮৪৬ চনত ব্ৰিটিছসকলে শিখসকলক পৰাজিত কৰি লাডাখ দখল কৰিল। ব্ৰিটিছসকলে চীনা বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হ'ল সীমাৰ বিষয়ে আলোচনা কৰিবলৈ। পাঙং জলাশয় আৰু কাৰাকৰাম ঘাটৰ সীমা সুনিৰ্দ্দিষ্ট হ'লেও আক্সাই চিনৰ অঞ্চল বিবাদত আছিল। ছাৰ্ভে' অৱ ইণ্ডিয়াৰ বিষয়া ডব্লিউ এইচ জনছনে 'জনছন ৰেখা'ৰ প্ৰস্তাৱ ৰাখিলে, আক্সাই চিনক কাশ্মীৰৰ অংগ হিচাপে দেখুৱাই। জনছনে এই ৰেখাৰ প্ৰস্তাৱ কাশ্মীৰৰ মহাৰাজৰ আগত ৰাখিলে আৰু মহাৰাজে নিৰ্দ্দিষ্ট ১৮০০০ বৰ্গ কিলোমিটাৰ দাবী কৰিলে। জনছনৰ কৰ্মক অশুদ্ধ আখ্যা দিয়া হ'ল। তেওঁৰ সীমা ৰেখাক (পেটেণ্টলি এবছাৰ্ড) আখ্যা দিয়া হ'ল আৰৰু এই ৰেখাই ভাৰতে দাবী কৰাতকৈ বহু উত্তৰলৈকে মাটি দাবী কৰিছিল। অনুমতি অবিহনে খাটানলৈ পাৰ হোৱা জনছনে ছাৰ্ভে'ৰপৰা পদত্যাগ কৰিল। মহাৰাজে ছাহিদুল্লাহত (এতিয়াৰ ছাাইদুল্লা) সেনাৰ ঘাটি স্থাপন কৰি কেইবা বছৰলৈকে সংৰক্ষণ প্ৰদান কৰিছিল। সেই স্থান ভ্ৰমণ কৰা ফ্ৰেঞ্চিছ য়ংহাছবেণ্ডৰ মতে ছাহিদুল্লাত এটি পুৰণি দুৰ্গ আছিল। তাত মানুহে বাস কৰা এটাও গড় নাছিল। সেই স্থান কেৱল অঘৰী কিৰ্ঘিজ সকলে মঞ্চৰ ৰূপত ব্যৱহাৰ কৰিছিল। দুৰ্গটো সম্ভৱতঃ কিছু বছৰ পূৰ্বে কাশ্মীৰীসকলে নিৰ্মাণ কৰিছিল। ১৮৭৮ চনত চীনে ছিঞ্ছিয়াং পুনৰ দখল কৰিলে আৰু সমস্যা সমাধানৰ পূৰ্বেই ১৮৯০ চনত তেওঁলোকে ছাহিদুল্লা দখল কৰিলে। ১৮৯২ চনৰ ভিতৰত চীনে কাৰাকৰাম ঘাটত সীমানিৰ্দ্ধাৰক চিহ্ন স্থাপন কৰিছিল। ১৮৯৩ চনত কাছগাৰৰ উচ্চ পদস্থ চীনা বিষয়া হাং টা-চেনে কাছগাৰত ব্ৰিটিছ কনছাল জেনেৰেল জৰ্জ মাকাৰ্টনিক চীনে প্ৰস্তাৱিত কৰা মানচিত্ৰৰ এক প্ৰতিলিপি প্ৰদান কৰিলে। এই মানচিত্ৰৰ মতে লাক্টছাঙৰ দক্ষিণে অৱস্থিত লিংজি টাং ভাৰতৰ আৰু লাক্টছাঙৰ উত্তৰে অৱস্থিত আক্সাই চিনৰ মূল অংশ চীনৰ। মাকাৰ্টনিয়ে প্ৰস্তাৱ গ্ৰহণ কৰিলে আৰু মানচিত্ৰ ব্ৰিটিছ ভাৰতীয় চৰকাৰক প্ৰদান কৰিলে। ১৮৯৯ চনত ব্ৰিটিছে মাকাৰ্টনি-মেকডনাল্ড ৰেখা নামৰ এই ৰেখাৰ প্ৰস্তাৱ চীনৰ আগত ৰাখিলে ছাৰ ক্লড মেকডনাল্ডৰ এক টোকাৰ জৰিয়তে। ১৯১১ চনত ছিনহাই বিপ্লৱৰ ফলত চীনৰ শাসনভাৰ স্থানান্তৰিত হ'ল, আৰু প্ৰথম বিশ্বযুদ্ধৰ শেষলৈকে ব্ৰিটিছে আনুষ্ঠানিকভাৱে জনছন ৰেখা ব্যৱহাৰ কৰিছিল। পিচে তেওঁলোকে প্ৰকৃততে সেই ভূমি দখল কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। নেভিল মেক্সৱেলৰ মতে ব্ৰিটিছে ১১খন পৰ্যন্ত ৰেখা ব্যৱহাৰ কৰিছিল কিয়নো ৰাজনৈতিক পৰিস্থিতিৰ পৰিৱৰ্তনৰ লগে লগেই তেওঁলোকৰ দাবী সলনি হৈছিল। ১৯১৭ চনৰপৰা ১৯৩৩ চনলৈকে চীনা পেকিং চৰকাৰে প্ৰকাশ কৰা প'ষ্টেল এটলাছ অৱ চাইনাই জনছন ৰেখা ব্যৱহাৰ কৰিছিল যি কুনলুন পৰ্বতমালাৰে যায়। ১৯২৫ চনৰ পেকিং বিশ্ববিদ্যালয়ৰ এটলাছেও আক্সাই চিনক ভাৰতৰ অংগ হিচাপে প্ৰকাশ কৰিছিল। ১৯৪৭ চনত স্বাধীনতা লাভ কৰোঁতে ভাৰত চৰকাৰে জনছন ৰেখা ব্যৱহাৰ কৰিছিল আৰু আক্সাই চিন ভাৰতৰ অংগ হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃত হৈছিল। ১ জুলাই ১৯৫৪ চনত তেতিয়াৰ ভাৰতীয় প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে স্পষ্টভাৱে ভাৰতৰ স্থিতি প্ৰকাশ কৰি কয় যে কেইবাশ বছৰ ধৰি আক্সাই চিন ভাৰতৰ লাডাকৰ অন্তৰ্গত আৰু জনছন ৰেখাই নিৰ্দ্ধাৰণ কৰা সীমাৰ বিষয়ে কোনো আলোচনা কৰা নহয়। জৰ্জ এন পেটাৰ্ছনৰ মতে ভাৰতে যি সীমা বিষয়ক ৰিপ'ৰ্ট প্ৰকাশ কৰিছিল, সেই ৰিপ'ৰ্টত ব্যৱহৃত প্ৰমাণসমূহ সঠিক নাছিল। ১৯৫৬-৫৭ চনত চীনে ছিঞ্ছিয়াঙৰপৰা তিব্বতলৈ এক পথ নিৰ্মাণ কৰিলে, যি পথ বহু ঠাইত জনছন ৰেখাৰ দক্ষিণেৰে গৈছিল। চীনাসকলৰ বাবে আক্সাই চিন সুগম আছিল। কিন্তু কাৰাকৰাম পৰ্বতৰ বাবে আক্সাই চিন ভাৰতীয়সকলৰ বাবে হৈ পৰিল অতিকৈ দুৰ্গম ১৯৫৮ চনত প্ৰকাশিত চীনা মানচিত্ৰসমূহত এই পথ অন্তৰ্ভুক্ত কৰা হ'ল। মেকমহান ৰেখা তথ্য সংগ্ৰহ যুদ্ধ স্বাধীনোত্তৰ
54818
https://as.wikipedia.org/wiki/%E0%A6%A4%E0%A7%80%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A6%A6%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%80%20%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A3%E0%A7%80
তীক্ষ্ণদন্তী প্ৰাণী
তীক্ষ্ণদন্তী প্ৰাণী বুলিলে এন্দুৰ জাতীয় স্তন্যপায়ী প্ৰাণীৰ এটা বৃহৎ দলকে বুজায়। এন্দুৰৰ উপৰিও এই গোটত আছে শহা পহু, নিগনি, ইত্যাদি। এণ্টাৰ্কটিকাৰ বাদে অন্য সকলো মহাদেশতেই ইহঁতক পোৱা যায়। তীক্ষ্ণ দাঁত থকাৰ কাৰণে তীক্ষ্ণদন্তীয়ে কাঠ, কাগজ ইত্যাদি কঠিন বস্তু সহজে খাব পাৰে। সেয়ে ইহঁত মূলতে তৃণভোজী। কিছুমান তীক্ষ্ণদন্তীয়ে মানুহৰ পোঁহ মানে। কিছুমানে ৰোগৰ বীজাণু বহন কৰে। সকলো তীক্ষ্ণদন্তীৰেই নেজ আছে। তীক্ষ্ণদন্তীৰ পৰাই সকলো স্তন্যপায়ী প্ৰাণীৰ উদ্ভব হৈছে। ইংৰাজী নামকৰণ খাদ্য খোৱাৰ সময়ত তীক্ষ্ণদন্তীয়ে তীক্ষ্ণ দাঁতৰ দ্বাৰা খাদ্যবস্তুক ক্ৰমাগত আৰু খুব দ্ৰুতভাৱে আঘাত কৰি থাকে। এনেকৈ আঘাত কৰি কৰি বস্তুটো ফালি পেলায়। বাৰে বাৰে খুঁটাটোক লেটিন ভাষাত ৰ'দেৰ বুলি কয়। তীক্ষ্ণদন্তীৰ এই অভ্যাসৰ পৰাই সিহঁতৰ ইংৰাজী নাম উৎপত্তি হৈছে। বৈচিত্ৰ্যময় পৰিয়াল বৰ্তমান পৃথিৱীত প্ৰায় আঢ়ৈ হাজাৰতকৈও বেছি তীক্ষ্ণদন্তী আছে। অধিকাংশ তীক্ষ্ণদন্তী আকৃতিত বৰ ডাঙৰ নহয়। সকলোতকৈ ডাঙৰ তীক্ষ্ণদন্তী হৈছে কেপিবাৰা ইয়াৰ দৈৰ্ঘ্যে প্ৰায় ৪ (চাৰি) ফুট আৰু ওজন ৮০ কিলোগ্ৰাম পৰ্যন্ত হ’ব পাৰে। অন্য হাতে বাওনা জেৰ্বুৱা হল সকলোতকৈ সৰু তীক্ষ্ণদন্তী; ই মাত্ৰ দুই ইঞ্চি দীঘল আৰু ওজন মাত্ৰ আধা কেজিৰ মান হয়। তীক্ষ্ণদন্তীবোৰৰ ভিতৰত এন্দুৰবোৰৰে অনেক প্ৰজাতি আছে। বিচৰণভূমি পৃথিৱীৰ প্ৰায় সকলো ঠাইতে তীক্ষ্ণদন্তী পোৱা যায়। মৰুভূমিত যেনেকৈ কিছুমান তীক্ষ্ণদন্তী পোৱা যায়, তেনেকৈ মৰু অঞ্চলতো ইহঁতৰ কিছু প্ৰজাতি বাস কৰে। অন্যহাতে, কিছুমান তীক্ষ্ণদন্তী গছতো বাস কৰে। তৃণ জাতীয় খাদ্য খোৱা বাবে তৃণভূমি আৰু ইয়াৰ আশে−পাশে ইহঁতক বেছিকৈ পোৱা যায়। বিশেষ বৈশিষ্ট্য এই প্ৰাণীবোৰৰ দুয়ো পাৰিতে তীক্ষ্ণ দাঁত থাকে। এহঁতৰ দাঁত এনামেল আৰু ডেণ্টিনৰ দ্বাৰা গঠিত। চোবোৱাৰ সমতয় দাঁত ক্ৰমাগত ক্ষয় হয়, যাৰ ফলত ইহঁতৰ দাঁত সকলো সময়তে তীক্ষ্ণ হৈ থাকে। ইহঁতৰ দাঁতবোৰ সকলো সময়তে বাঢ়ি থাকে। খাদ্যাভ্যাস তীক্ষ্ণ দাঁত থাকিলেও অধিকাংশ তীক্ষ্ণদন্তী মাংসভোজী নহয়। বৰঞ্চ তীক্ষ্ণ দাঁতৰ দ্বাৰা ইহঁতে ফলমূল, লতা, পাত, তৃণ-জাতীয় খাদ্যহে থাকে। কিছুমান তীক্ষ্ণদন্তীয়ে কীট−পতংগ আৰু মাছ খোৱা দেখা যায়। শ্ৰৱণশক্তি তীক্ষ্ণদন্তীসকলৰ শ্ৰবণশক্তি খুবই প্ৰখৰ। অধিকাংশ সময় অন্ধকাৰে কাটায় বলেই এসকলৰ এই তীক্ষ্ণ শ্ৰবণশক্তি তৈৰি হয়েছে। ইয়াৰা অবশব্দ থেকে শুৰু কৰে উচ্চশব্দ পৰ্যন্ত বিভিন্ন শব্দ খুব ভালো শুনতে পায়। যেমন, হাতেৰ তালুতে আঙ্গুল ঘষলে যে শব্দ তৈৰি হয়, একটা ইঁদুৰ তা সহজেই শুনতে পাৰে। বুদ্ধিমত্তা যিহেতু তীক্ষ্ণদন্তীবোৰ সকলো স্তন্যপায়ী প্ৰাণীৰ পূৰ্বপুৰুষ, সেয়ে ইহঁতৰ বুদ্ধি অনেক প্ৰাণীৰ তুলনাত বহুত বেছি। ইহঁতে দ্ৰুততাৰে নতুন কথা শিকিব পাৰে। সেয়ে ইহঁতক সহজেই প্ৰশিক্ষণ দি খেল দেখুৱাব পৰা যায়। দলবদ্ধ বসৱাস দল গঠনৰ ভিত্তিত তীক্ষ্ণদন্তীবোৰ তিনি ভাগত ভাগ কৰা যায়: কিছুমান একেবাৰে দল বান্ধি নাথাকে, অকলশৰীয়াকৈ থাকে। কিছুমান প্ৰজনন ঋতু বা বছৰৰ বিশেষ সময়ত দল বান্ধি থাকে। কিছুমান সকলো সময়েতেই দলবদ্ধ হৈ থাকে। দল বান্ধি থকাৰ বৈশিষ্ট্যটো বিৱৰ্তনৰ ধাৰাত প্ৰাকৃতিকভাৱে নিৰ্বাচিত হৈছে। কাৰণ ইহঁত চিকাৰীৰ হাতত মৃৃৃৃত্যু হোৱাৰ আশংকা কমে আৰু জীয়াই থকাৰ সম্ভাৱনা বাঢ়ে। খাদ্য সংগ্ৰহৰ ক্ষেত্ৰত দল বান্ধি চলাটো তীক্ষ্ণদন্তীবোৰৰ কোনো কামত নাহে। প্ৰত্যেকেই নিজৰ খাদ্য নিজে সংগ্ৰহ কৰি খায়। সেয়ে যি স্থানত চিকাৰ হোৱাৰ ভয় কম, সেই স্থানত তীক্ষ্ণদন্তীবোৰৰ ভিতৰত দল গঠনৰ বৈশিষ্ট্যও নাথাকে। অৰ্থাৎ সেইবোৰ তীক্ষ্ণদন্তী অকলেই বাস কৰে। শীতনিদ্ৰা মেৰু অঞ্চলত বাস কৰা কিছুমান তীক্ষ্ণদন্তীৰ ভিতৰত শীতনিদ্ৰাৰ প্ৰবৃত্তি দেখা পোৱা যায়। পৰিস্থিতিতান্ত্ৰিক গুৰুত্ব পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত তীক্ষ্ণদন্তীবোৰৰ গুৰুত্ব আছে। ইহঁতে ফলমূল খায় বাবে উদ্ভিদৰ বীজ ইহঁতৰ মাধ্যমেদি বিভিন্ন স্থানলৈ সঞ্চাৰিত হয় আৰু সেই স্থানত নতুন গছৰ জন্ম হয়। ইহঁতে খুব দ্ৰুতগতিত বংশবৃদ্ধি কৰে সেয়ে ইহঁতক যিবোৰ প্ৰাণীয়ে চিকাৰ কৰি খায়, সিহঁতৰ সংখ্যাও সহজে নকমে। ৰোগৰ বাহক তীক্ষ্ণদন্তীসকলৰ কিছুমান প্ৰজাতি বহুতো ৰোগৰ বাহক। চতুৰ্দশ শতিকাৰ মাজভাগত প্লেগ নামৰ এন্দুৰৰ দ্বাৰা সংক্ৰমিত বেক্টেৰিয়াজনিত এক ৰোগৰ মহামাৰিত ইউৰোপৰ অসংখ্য মানুহৰ মৃত্যু হৈছিল। তথ্য সংগ্ৰহ স্তন্যপায়ী
74089
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A7%80%E0%A6%95%E0%A7%83%E0%A6%A4%E0%A6%BF%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%AA%E0%A7%8D%E0%A6%A4%20%E0%A6%B8%E0%A6%BE%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%BF%E0%A6%95%20%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A7%8D%E0%A6%AF%E0%A6%95%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A7%80
স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী
স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী বা আশা কৰ্মী ভাৰতৰ ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছনৰ অংশ হিচাপে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰতিষ্ঠা কৰা সামাজিক স্বাস্থ্য কৰ্মী। এই অভিযান ২০০৫ চনত আৰম্ভ হৈছিল আৰু ২০১২ চনৰ বাবে সম্পূৰ্ণ ৰূপায়ণৰ লক্ষ্য নিৰ্দিষ্ট কৰা হৈছিল। সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ পিছত ভাৰতত "প্ৰতিখন গাঁৱত আশা" বা এগৰাকী স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী প্ৰতিখন গাঁৱতে থাকিব বুলি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ২০১৩ চনৰ জুলাই মাহত ভাৰতত মুঠ আশাৰ সংখ্যা ৮,৭০,০৮৯ গৰাকী আছিল। ২০১৮ চনত আশাৰ সংখ্যা ৯,৩৯,৯৭৮ গৰাকী হয়। নিৰ্ধাৰিত লক্ষ্য অনুসৰি আশাৰ আদৰ্শ সংখ্যা হৈছে ১০,২২,২৬৫ গৰাকী। ইংৰাজীত ইয়াৰ নামৰ প্ৰথম শব্দকেইটা লগ লগাই 'আশা' নামটো দিয়া হৈছে। ভূমিকা আৰু দায়িত্ব আশা হৈছে স্থানীয় মহিলা যি তেওঁলোকৰ সম্প্ৰদায়ত স্বাস্থ্য বিষয়ক প্ৰাথমিক শিক্ষক আৰু প্ৰচাৰক হিচাপে কাম কৰিবলৈ প্ৰশিক্ষণ প্ৰাপ্ত। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তেওঁলোকক এনেদৰে বৰ্ণনা কৰিছে: ...সামাজিক স্বাস্থ্য কৰ্মী(সকল) যি স্বাস্থ্য আৰু ইয়াৰ সামাজিক নিৰ্ধাৰকসকলৰ ওপৰত সজাগতা সৃষ্টি কৰে আৰু স্থানীয় স্বাস্থ্য পৰিকল্পনা আৰু বিদ্যমান স্বাস্থ্য সেৱাৰ বৰ্ধিত ব্যৱহাৰ আৰু দায়বদ্ধতাৰ দিশত সম্প্ৰদায়সমূহক একত্ৰিত কৰে। তেওঁলোকৰ কামবোৰৰ ভিতৰত হৈছে মহিলাসকলক চিকিৎসালয়ত সন্তান জন্ম দিবলৈ অনুপ্ৰেৰিত কৰা, শিশুসকলক টীকাকৰণ স্বাস্থ্যকেন্দ্ৰলৈ অনা, পৰিয়াল পৰিকল্পনাত উদগনি দিয়া (যেনে বন্ধ্যাকৰণ), প্ৰাথমিক চিকিৎসাৰ দ্বাৰা প্ৰাথমিক ৰোগ আৰু আঘাতৰ চিকিৎসা কৰা, জনগাঁথনিৰ নথি ৰখা আৰু গাঁৱত অনাময় ব্যৱস্থা উন্নত কৰা। স্বাস্থ্যসেৱা প্ৰণালী আৰু গ্ৰাম্য জনসংখ্যাৰ মাজত এক গুৰুত্বপূৰ্ণ যোগাযোগ প্ৰণালী হিচাপে আশায়ে উল্লেখযোগ্য বৰঙণি আছে। তেওঁ অৰেল ৰিহাইড্ৰেচন থেৰাপী (অ'আৰএছ), আইৰণ ফলিক এচিড টেবলেট (আইএফএ), ক্লোৰোকুইন, ডিচপোজেবল ডেলিভাৰী কিট (ডিডিকে), অৰেল পিলচ আৰু কণ্ডমৰ দৰে সকলো বাসস্থানত উপলব্ধ কৰা অত্যাৱশ্যকীয় বস্তুসমূহ আশায়ে মজুত ৰাখে। নিৰ্বাচন আশাকৰ্মীসমূহ মুখ্যতঃ গাওঁখনৰ মহিলা সমূহৰ পৰা বাছনি কৰা হয়। সাধাৰণতে যিসকল মহিলায়ে নিকট ভৱিষ্যতৰ বাবে সেই গাঁওখনত থকাৰ সম্ভাৱনা আছে তেওঁলোকক সেৱা কৰিবলৈ বাছনি কৰা হৈছে। বিবাহিত, বিধৱা বা বিবাহ বিচ্ছেদ হোৱা মহিলাসকলক সাধাৰণতে আন মহিলাতকৈ অধিক প্ৰাধান্য দিয়া হয়। কিয়নো ভাৰতীয় সাংস্কৃতিক নিয়ম অনুসৰি বিবাহৰ পিছত এগৰাকী মহিলাই তেওঁৰ গাঁও এৰি তেওঁৰ স্বামীৰ ওচৰলৈ প্ৰব্ৰজন কৰে। সেয়ে অবিবাহিত মহিলা সকলক পৰাপক্ষত আশা বাছনিৰ বিবেচনা কৰা নহয়। আকৌ আশা হ'বলৈ তেওঁলোকে দশম শ্ৰেণীলৈকে পঢ়া যোগ্যতা অৰ্জন কৰিব লাগিব আৰু সম্ভৱতঃ ২৫ৰ পৰা ৪৫ বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। তেওঁলোকক গ্ৰাম পঞ্চায়তৰ দ্বাৰা বাছনি কৰা হয় আৰু তেওঁলোক পঞ্চায়তৰ প্ৰতি দায়বদ্ধ। যদি কোনো উপযুক্ত সাক্ষৰ প্ৰাৰ্থী নাথাকে তেন্তে এই চৰ্তসমূহ শিথিল কৰা হ'ব পাৰে। পাৰিশ্ৰমিক যদিও আশাকৰ্মীসমূহক স্বেচ্ছাসেৱক বুলি গণ্য কৰা হয়, তেওঁলোকে প্ৰশিক্ষণৰ দিনবোৰৰ বাবে ফলাফল-আধাৰিত পাৰিশ্ৰমিক আৰু বিত্তীয় ক্ষতিপূৰণ প্ৰাপ্ত কৰে। উদাহৰণ স্বৰূপে, যদি এগৰাকী আশায়ে এক প্ৰতিষ্ঠানগত প্ৰসৱৰ সুবিধা প্ৰদান কৰে তেন্তে তেওঁ ₹৬০০ টকা প্ৰাপ্ত কৰে আৰু মাতৃ গৰাকীয়ে ₹১,৪০০ টকা লাভ কৰে। আশাসকলে প্ৰতিটো শিশুৰ বাবে টীকাকৰণ অভিযান সম্পূৰ্ণ কৰাৰ বাবে ₹১৫০ টকা আৰু পৰিয়াল পৰিকল্পনা কৰা প্ৰতিজন ব্যক্তিৰ বাবে ₹১৫০ টকা উদগনি হিচাপে লাভ কৰে। স্থানীয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত (পিএইচচি) বুধবাৰে অনুষ্ঠিত হোৱা বৈঠকত সাধাৰণতে আশাসকল উপস্থিত থাকে। এই প্ৰয়োজনীয়তাৰ বাহিৰেও আশাসকলে তেওঁলোকৰ সম্প্ৰদায়ৰ স্বাস্থ্যকৰ্মৰ কামত ব্যয় কৰা সময় তুলনামূলকভাৱে নমনীয়। নিৰীক্ষণ আৰু মূল্যাঙ্কন ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছনৰ অধীনত আশা সকলৰ নিৰীক্ষণ আৰু মূল্যাঙ্কনৰ বাবে প্ৰথমে জিলা পৰ্যায়ত এক আদৰ্শ সীমা জৰীপ কৰিব লাগে। এয়া বিকেন্দ্ৰীকৃত নিৰীক্ষণ লক্ষ্য আৰু সূচক নিৰ্দিষ্ট কৰাৰ বাবে কৰা হয়। সম্প্ৰদায়ৰ নিৰীক্ষণ গাওঁ পৰ্যায়ত কৰা হয়। পৰিকল্পনা আয়োগে মূল্যাঙ্কনৰ ফলাফলৰ অন্তিম নিৰীক্ষণ কৰে। বাহ্যিক মূল্যাঙ্কন সঘনাই ব্যৱধানত কৰা হয়। তথ্য উৎস স্বাস্থ্যকৰ্মী ভাৰতৰ স্বাস্থ্য
75238
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BF%E0%A6%B2%E0%A6%95%E0%A6%BF%E0%A6%9B%20%E0%A6%8F%E0%A6%A7%E0%A6%BF
বিলকিছ এধি
বিলকিছ বানু এধি জন্ম: ১৪ আগষ্ট ১৯৪৭) এগৰাকী পাকিস্তানী পেছাদাৰী নাৰ্ছ আৰু এধি ফাউণ্ডেচনৰ সহ-মুৰব্বী। তেওঁক পাকিস্তানৰ আটাইতকৈ সক্ৰিয় সমাজসেৱকসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। তেওঁক 'পাকিস্তানৰ মাতৃ' বুলিও কোৱা হয়। ১৯৪৭ চনত বাণ্টৱাত তেওঁৰ জন্ম হৈছিল। তেওঁ এধি ফাউণ্ডেচনৰ মুৰব্বী আৰু তেওঁৰ স্বামী আব্দুল ছাত্তাৰ এধিৰ সৈতে ১৯৮৬ চনত ৰাজহুৱা সেৱা শিতানত ৰমন মেগছেছে বঁটা লাভ কৰিছিল। ২০১৫ চনত তেওঁ সামাজিক ন্যায়ৰ বাবে মাদাৰ টেৰেছা স্মাৰক আন্তৰ্জাতিক বঁটা লাভ কৰিছিল। তেওঁৰ দাতব্য সংস্থাই পাকিস্তানত কৰাচীৰ এখন চিকিৎসালয় আৰু জৰুৰীকালীন সেৱাকে ধৰি আন বহুতো সেৱা আগবঢ়ায়। তেওঁৰ স্বামীৰ সৈতে তেওঁলোকৰ দাতব্য সংস্থাই ১৬,০০০ৰো অধিক অবাঞ্ছিত কেঁচুৱাক সুৰক্ষা প্ৰদান কৰিছে। ২০১৬ চনৰ ৮ জুলাই তাৰিখে তেওঁৰ স্বামী আব্দুল ছাত্তাৰ এধিৰ মৃত্যু হয়। জীৱনী ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে ব্ৰিটিছ ভাৰতৰ বাণ্টৱাত বিলকিছ এধিৰ জন্ম হৈছিল। তেওঁ কিশোৰীকালত বিদ্যালয়লৈ গৈ ভাল নাপাইছিল। ১৯৬৫ চনত তেওঁ নাৰ্ছ হিচাপে এখন সৰু সম্প্ৰসাৰিত ঔষধালয়ত যোগদান কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত এধিৰ ঘৰ কৰাচীৰ পুৰণি চহৰ অঞ্চলত আছিল। এই অঞ্চলক মিথাদাৰ বুলি জনা যায়। ১৯৫১ চনত আব্দুল ছাত্তাৰ এধিয়ে এই ঔষধালয়খন প্ৰতিষ্ঠা। তাত কাম কৰা খ্ৰীষ্টান আৰু হিন্দু নাৰ্ছৰ সংখ্যা কম সময়তে হ্ৰাস পাইছিল। সেয়ে প্ৰতিষ্ঠাপক আব্দুল ছাত্তাৰ এধিয়ে বিলকিছকে ধৰি কেইবাগৰাকীমান মুছলমান পৃষ্ঠভূমিৰ নাৰ্ছক ইয়াত নিযুক্তি দিছিল। তেওঁৰ ভৱিষ্যত স্বামীয়ে তেওঁৰ প্ৰতিভা চিনাক্ত কৰাৰ পিছত তেওঁক সৰু নাৰ্চিং বিভাগৰ নেতৃত্ব দিবলৈ অনুমতি প্ৰদান কৰিছিল। তেওঁ ছয় মাহৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সময়ত নিজৰ উৎসাহ আৰু আগ্ৰহ চিনাক্ত কৰিছিল আৰু এইসময়ত তেওঁ সাধাৰণ ধাইবিদ্যা আৰু স্বাস্থ্যজনিত সেৱাৰ বিষয়ে শিক্ষা লাভ কৰিছিল। |বিলকিছ এধি আৰু তেওঁৰ স্বামী আব্দুল ছাত্তাৰ এধি বিলকিছৰ ঊনৈছ বছৰ বয়সত তেওঁলোকৰ বিয়া হৈছিল। তেওঁৰ স্বামী তেওঁতকৈ ঊনৈছ বছৰ ডাঙৰ আছিল। তেওঁলোকৰ বিবাহ অনুষ্ঠানৰ ঠিক পিছতে তেওঁলোকৰ ঔষধালয়ত মূৰত আঘাত প্ৰাপ্ত এজনী যুৱতী আৱিষ্কাৰ কৰিছিল। এধিয়ে ১৯৮৯ চনত কৈছিল যে বাৰ বছৰীয়া শিশুটোৰ সংশ্লিষ্ট আত্মীয়সকলক সান্ত্বনা দিয়া বা ৰক্ত সঞ্চাৰণৰ তত্ত্বাৱধানত হেৰুওৱা সময়ৰ বাবে তেওঁ অনুশোচনা কৰা নাছিল"... সেই ছোৱালীজনী বিবাহিত আৰু সন্তানো আছে; সেয়াই সঁচাকৈয়ে গুৰুত্বপূৰ্ণ।" এধি ফাউণ্ডেশ্যনৰ অনানুষ্ঠানিক ৱেবছাইটত "এক পাৰ্থক্য সৃষ্টি কৰা আৰু চিৰদিনৰ বাবে জীৱন সলনি কৰা" শাৰীটো ব্যৱহাৰ কৰা হৈছে। এধিয়ে ঝুলা প্ৰকল্পৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। এই প্ৰকল্পৰ প্ৰথমটো ঝুলা বা দোলনা তেওঁৰ স্বামীয়ে ১৯৫২ চনত নিৰ্মাণ কৰিছিল। এই ৩০০টা দোলনা সমগ্ৰ পাকিস্তানত উপলব্ধ। ইয়াত অভিভাৱকে অবাঞ্ছিত শিশু বা ডাঙৰ-দীঘল কৰিব নোৱাৰা শিশুসকলক এৰি দিব পাৰে। তেওঁলোকে ইংৰাজী আৰু উৰ্দুত "হত্যা নকৰিব, কেঁচুৱাটোক জীয়াই থাকিবলৈ দোলনাত এৰি দিয়ক" বাৰ্তা লিখা থাকে। পৰিত্যক্ত শিশুৰ সংখ্যালঘু পৰিমাণৰ শিশু শাৰীৰিক বা মানসিক ভাৱে অক্ষম কিন্তু ৯০% ৰো অধিক শিশু ছোৱালী। এই বিকল্পটোৱে এধি ফাউণ্ডেচনৰ দ্বাৰা অবাঞ্ছিত কেঁচুৱাবোৰক দোলনাত এৰি দিয়াৰ বিকল্প প্ৰদান কৰি তেওঁলোকৰ নিজৰ পিতৃ-মাতৃৰ দ্বাৰা হত্যা কৰা মৃত কেঁচুৱাৰ সংখ্যা হ্ৰাস কৰা বুলি ধাৰণা কৰা হয়। আৰক্ষীয়ে পোৱা মৃত কেঁচুৱাবোৰক সমাধিস্থ কৰাৰ বাবেও এই প্ৰকল্প দায়বদ্ধ। ২০০৭ চনৰ জুলাই মাহত তেওঁলোকক ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফে তেওঁলোকৰ কামৰ বাবে ৰাজহুৱাভাৱে স্বীকৃতি দিছিল। লগতে তেওঁ ১,০০,০০০ টকাৰ অৱদান আগবঢ়াইছিল আৰু তেওঁ বিশেষভাৱে উল্লেখ কৰিছিল যে তেওঁলোকৰ কামে কোনো বৈষম্য নোহোৱাকৈ পাকিস্তানৰ দৰিদ্ৰ লোকসকলক সামাজিক সেৱা প্ৰদান কৰে। দম্পতীহালে দুটা কোঠাৰ এটা এপাৰ্টমেণ্টত অতি সাধাৰণ ভাবে বসবাস কৰিছিল। তেওঁলোকে বাস কৰা এপাৰ্টমেণ্টটো তেওঁলোকৰ এটা অনাথ আশ্ৰমৰ অংশ। বঁটা আৰু সন্মান এধি আৰু তেওঁৰ স্বামীয়ে তেওঁলোকৰ কামৰ স্বীকৃতিস্বৰূপে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে। তেওঁ এধি ফাউণ্ডেচনৰ মুৰব্বী আৰু তেওঁৰ স্বামী আব্দুল ছাত্তাৰ এধিৰ সৈতে ১৯৮৬ চনত ৰাজহুৱা সেৱাৰ বাবে ৰমন মেগছেছে বঁটা লাভ কৰিছিল। ২০১৫ চনত তেওঁ সামাজিক ন্যায়ৰ বাবে মাদাৰ টেৰেছা স্মাৰক আন্তৰ্জাতিক বঁটা লাভ কৰে। তেওঁ পাকিস্তান চৰকাৰৰ পৰা দেশৰ তৃতীয় সৰ্বোচ্চ সন্মান 'হিলাল এ ইমতিয়াজ' লাভ কৰিছিল। সমাজহিতৈষী আৰু মানৱতাবাদী বিলকিছ এধিক 'দশকৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তি' হিচাপে সন্মানিত কৰা হৈছিল। তথ্য উৎস বাহ্যিক সংযোগ অনানুষ্ঠানিক এধি ফাউণ্ডেচনৰ ছাইট বিলকিছ এধিৰ বিষয়ে প্ৰবন্ধ আব্দুল ছাত্তাৰ এধিৰ বিষয়ে প্ৰবন্ধ পাকিস্তানৰ ব্যক্তি জীৱিত ব্যক্তি সমাজকৰ্মী ৰমন মেগছেছে বঁটা বিজয়ী
38528
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A6%A6%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE
শদিয়া
শদিয়া হ'ল উত্তৰ-পূৱ ভাৰতৰ অন্তৰ্গত অসম ৰাজ্যৰ এখন সৰু নগৰ। ই তিনিচুকীয়া জিলাত অৱস্থিত। লোহিত নদীৰ পাৰত থকা এই চহৰখনৰ প্ৰায় চাৰিওকাষ হিমালয় পৰ্বতে আগুৰি আছে। শদিয়াক শতফুলৰ দেশ বুলিও জনাজাত। পিছে এই শতফুল নো কি সঠিক ভাৱে কোনোৱে নাজানে। শদিয়া এসময়ত দ্বিতীয় শ্বিলং হিচাপে জনাজাত আছিল। শদিয়াৰ হাবিত ইংৰাজে প্ৰথম চাহ গছ আৱিষ্কাৰ কৰিছিল। ইতিহাস শদিয়াত ১১৮৭ খ্ৰীষ্টাব্দত বীৰপালে উত্তৰ-পূৱ অসম আৰু বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ কিছু অংশ লৈ স্থাপন কৰা চুতীয়া ৰাজ্যৰ ৰাজধানী আছিল। বীৰপালৰ পুত্ৰ গৌৰীনাৰায়নে ত্ৰয়োদশ শতিকাত শদিয়াত ৰাজধানী স্থাপন কৰে আৰু ষোড়শ শতিকালৈকে ই ৰাজধানী হৈ থাকে। শদিয়াত ব্ৰিটিছ ৰাজৰ পূৱ বংগ আৰু অসম অঞ্চলৰ অন্তৰ্গত লখিমপুৰ জিলাৰ উত্তৰ-পূৱ সীমান্তৰ চাউনি আছিল। নদীৰ আনটো পাৰত অসম-বংগ সংযোগী ৰেল লাইনৰ বাবে এটা ৰেলৱে ষ্টেচন আছিল। শদিয়াক সেনাৰ দুৰ্গ হিচাপেও ব্যৱহাৰ কৰা হৈছিল। তাৰ বজাৰত, মিচিমি, আবৰ, আৰু খামতি আদি সীমান্তৰ সিপাৰৰ পৰ্বতীয়া লোক সকলে কপাহী কাপোৰ, নিমখ আৰু ধাতৱ বস্তুৰ বিনিময়ত ৰবৰ, মম, হাতী দাঁত, আৰু কস্তুৰী আনি দিছিল। ১৯৫০ চনৰ বৰ ভূমিকম্পত পুৰণি শদিয়া চহৰ ধ্বংস হৈছিল। ১৯২৬ চনৰ এই শদিয়াৰ বুলুং নামৰ এখন গাঁৱত ভাৰত ৰত্ন সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা দেৱৰ জন্ম হৈছিল। বৰ্তমান এই বুলং নামৰ ঠাইখন বালি চৰ হ'ল। ১৯৫০ ৰ বৰ ভূঁইকঁপত ধ্বংস হোৱা এই গাঁৱৰ লোক সকলে বৰ্তমান অৰুণাচল প্ৰদেশৰ দিবাং ভেলি জিলাত পুনৰ বুলুং নামেৰেই নতুনকৈ গাওঁ পাতি বাস কৰি আছে। এই গাওঁখনতে অৰুণাচল চৰকাৰে সুধাকণ্ঠৰ স্মৃতিত এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে। ভৌগোলিক শদিয়াৰ ভৌগোলিক অৱস্থান হ'ল- সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা প্ৰায় শদিয়াক বহুলোকে দিহং (চাংপু, ছিয়াং, ব্ৰহ্মপুত্ৰৰ প্ৰধান সুঁতি), দিবাং, আৰু লোহিত নদীৰ সংগমেৰে গঠিত বিশাল ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা পৃথিবীৰ আটাইতকৈ বৃহৎ ভূ-খণ্ড বুলি গণ্য কৰে। ৰাজনৈতিক শদিয়া ১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত, বিধানসভা সমষ্টিৰ নাম হ'ল ১২৬ নং শদিয়া বিধানসভা সমষ্টি। তিনিচুকীয়া জিলাৰ তিনিটা মহকুমাৰ ভিতৰত শদিয়া এটা অন্যতম মহকুমা। চপাখোৱা শদিয়াৰ কেন্দ্ৰবিন্দু ১৯৭৯ চনৰ ২৬ জানুৱাৰীত শদিয়াক মহকুমা হিচাপে ঘোষণা কৰা হৈছিল। শদিয়া মহকুমাত এখন পৌৰসভা আছে। এই চপাখোৱা পৌৰসভাৰ প্ৰথম নিৰ্বাচিত পৌৰপতি জনৰ নাম হ'ল বিপিন গগৈ। শদিয়া মহকুমাত ১১খন পঞ্চায়ত, দুখন জিলা পৰিষদ আছে। পৌৰাণিক আৰু ঐতিহাসিক কীৰ্তিচিহ্ন শদিয়া মহকুমাৰ বিভিন্ন ঠাইত বহুতো পৌৰাণিক আৰু ঐতিহাসিক কীৰ্তিচিহ্ন আছে। তাৰে কিছুমান উল্লেখনীয় স্থান হ'ল: শদিয়াৰ চাৰিশাল শদিয়াত অতীজৰে পৰা চুতীয়া সকলৰ দেউৰী-চুতীয়া সকলে এই শালকেইখনত পূজা-অৰ্চনা কৰি আহিছে। প্ৰতি বছৰে বহাগ, আহাৰ বা শাওন, কাতি আৰু মাঘ মাহত বলি-বিধানেৰে পূজা কৰা হয়। তিনি বছৰৰ মূৰে মূৰে চতুৰ্থ বছৰত ম'হ বলি দিয়া হয়। অতীতত এই শাল সমূহত নৰবলি দিয়া হৈছিল। এই শাল সমূহত এতিয়াও দেউৰী সকল পূজাৰীৰ কাম কৰি আছে। বুঢ়া-বুঢ়ী শাল: চপাখোৱাৰ পৰা পশ্চিমে প্ৰায় সাত কিলোমিটাৰ দূৰৈৰ বুঢ়াবুঢ়ী গাঁৱত অৱস্থিত। শিৱ-পাৰ্বতীক পূজা কৰা হয়। কেঁচাইখাতী শাল বা তাম্ৰেশ্বৰী মন্দিৰ: চপাখোৱাৰ পৰা প্ৰায় এঘাৰ কিলোমিটাৰ দূৰৈত কুণ্ডিল নদীৰ পাৰৰ পুৰণি লখিমপুৰীয়া গাঁৱত অৱস্থিত। কেঁচাইখাতী গোসাঁনীক পূজা কৰা হয়। পাতৰ শাল: চপাখোৱাৰ পৰা প্ৰায় বাৰ কিলোমিটাৰ দূৰৈৰ কুকুৰামৰা গাঁৱৰ সমীপৰ বালিজান নদীৰ পাৰত অৱস্থিত। শদিয়াৰে হলৌগাঁৱতো এখন পাতৰ শাল আছে কিন্তু উক্ত শালখন প্ৰকৃত পাতৰ শাল নহয়। বলিয়া বাবাৰ থান: চপাখোৱাৰ পৰা পশ্চিমে প্ৰায় বাৰ কিলোমিটাৰ দূৰৈৰ হৰিপুৰ গাঁৱত অৱস্থিত। বুঢ়া-বুঢ়ী বা শিৱ-পাৰ্বতীৰ পুত্ৰ বলিয়া বাবাক পূজা কৰা হয়। ইয়াত নাৰীৰ প্ৰৱেশ নিষিদ্ধ। পুখুৰী চুতীয়া ৰাজত্বকালত খন্দোৱা কেইবাটাও পুখুৰী শদিয়াত দেখিবলৈ পোৱা যায়। কৰণো পুখুৰী: বৰ্তমান এই পুখুৰীটো সম্পূৰ্ণৰূপে অৰুণাচলৰ বাসিন্দাৰ দখলত। পদুম পুখুৰী: চপাখোৱাৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰৈৰ অৰুণাচল সীমান্তত অৱস্থিত পদুম পুখুৰী গাঁৱত আছে। কালি প্ৰায় দহ বৰ্গকিলোমিটাৰ, গভীৰতা দহ ফুট। আম পুখুৰী: পদুম পুখুৰী পৰা প্ৰায় দুই কিলোমিটাৰ দূৰৈৰ শলখনিৰ ওচৰত আছে। কালি প্ৰায় আধাবিঘামান হব। বৰ পুখুৰী: চপাখোৱাৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰৈৰ বৰ পুখুৰী গাঁৱত আছে। দীঘলে প্ৰায় এশমিটাৰ আৰু বহলে প্ৰায় ত্ৰিশমিটাৰ। নৌ বহৰ: পুখুৰী সদৃশ এই নৌবিহৰটোক বৰ্তমান লাচিত ষ্টেডিয়াম নামেৰে জনাজাত। ইয়াক এখন খেল পথাৰলৈ উন্নিতকৰণ কৰা হৈছে। এই পুখুৰীত পানী জমা নহয়। অসমত হয়তো এইটোৱে এটা পুখুৰীত নিৰ্মাণ কৰা একমাত্ৰ ষ্টেডিয়াম। অন্যান্য কীৰ্তিচিহ্ন বৈৰাগী থান: চপাখোৱাৰ পৰা প্ৰায় ন কিলোমিটাৰ দূৰৈত অৱস্থিত। ড॰ ভূপেন হাজৰিকা সেতুৰ পাৰ হৈ কেৱল এক কিলোমিটাৰ দূৰৈৰ সাত মাইল নামৰ ঠাইৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত এই থান খন। প্ৰতিমা গড়: কেৱল ভগ্নাৱশেষ দেখা পোৱা যায়। ইয়াত চুতীয়াসকলৰ সকলৰ যুদ্ধৰ বেহু পাতিছিল বুলি কোৱা হয়। পুৰনি তৰানি গাওঁৱত এই ভগ্নাংশেষ এতিয়াও আছে। যুৰীয়া মৈদাম: চপাখোৱাৰ পৰা দক্ষিণে প্ৰায় চাৰি কিলোমিটাৰ দূৰৈৰ বিষ্ণুপুৰ গাঁৱত দুটা মৈদাম আছে। তথ্য সংগ্ৰহ তিনিচুকীয়া জিলা অসমৰ
40105
https://as.wikipedia.org/wiki/%E0%A6%87%20%E0%A6%9A%E0%A6%BF%20%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%9F%20%E0%A6%AC%E0%A7%87%E0%A6%95%E0%A6%BE%E0%A7%B0
ই চি ষ্টুৱাৰ্ট বেকাৰ
এডৱাৰ্ড চাৰ্লছ ষ্টুৱাৰ্ট বেকাৰ যুক্তৰাজ্যৰ এগৰাকী প্ৰখ্যাত ব্ৰিটিছ পক্ষীবিদ তথা আৰক্ষী বিষয়া আছিল। অসম কে ধৰি উত্তৰ-পূবৰ চৰাইসমূহৰ তথ্য সংগ্ৰহ আৰু আৱিষ্কাৰৰ ক্ষেত্ৰত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। থোৰতে জীৱনী বেকাৰে ট্ৰিনিটি কলেজত শিক্ষাগ্ৰহণ কৰিছিল। ১৮৮৩ চনত তেওঁৰ পিতৃৰ পথ অনুসৰণ কৰি ভাৰতীয় আৰক্ষীত যোগদান কৰে। তেওঁ চাকৰিজীৱনৰ সৰহভাগ সময় ভাৰতত অসম আৰক্ষীত কাৰ্যনিৰ্বাহ কৰি কটাইছিল। পিছলৈ তেওঁ ইন্সপেক্টৰ জেনেৰেল পদলৈ পদোন্নতি লাভ কৰিছিল। ১৯১০ চনত তেওঁক বিশেষ অপৰাধ তদন্তৰ দায়িত্ব প্ৰদান কৰা হৈছিল। ১৯১১ চনত তেওঁ ইংলেণ্ডলৈ উভতি আহি লণ্ডন আৰক্ষীৰ মুখ্য আৰক্ষীৰ পদত নিযুক্তি পায়। এই পদতে ১৯২৫ চনত অৱসৰৰ সময়লৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰে। প্ৰথম বিশ্বযুদ্ধত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ১৯২০ চনত সন্মান প্ৰদান কৰা হয়। অৱসৰৰ পিছত তেওঁ ক্ৰয়ডন মেয়ৰ ৰূপে নিযুক্তি পায়। বেকাৰ এগৰাকী সুদক্ষ টেনিছ খেলুৱৈ আৰু উৎসাহী চিকাৰী আছিল। তেওঁ অসমৰ শিলচৰত বাঘৰ আক্ৰমণত বাওঁ হাতখন হেৰুৱায়। তদুপৰি তেওঁ চিকাৰৰ সময়ত বনৰীয়া ম’হ আৰু এশিঙীয়া গঁড়ৰ ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হৈছিল। পক্ষীবিদৰূপে ভাৰতত থকা সময়ছোৱাত বেকাৰে আজৰি পৰত চৰাই সমূহৰ নমুনা সংগ্ৰহ আৰু এইসম্পৰ্কীয় বিভিন্ন তথ্য সংগ্ৰহ কৰিছিল। তেওঁৰ এই অধ্যয়নসমূহৰ বিতং তথ্য সন্নিবিষ্ট কৰি কেইবাখনো মূল্যৱান গ্ৰন্থ প্ৰণয়ণ কৰিছিল। তেওঁ প্ৰায় ৫০,০০০ ভাৰতত দেখা পোৱা চৰাইৰ কণী সংগ্ৰহ কৰিছিল। তেওঁৰ আঠটা খণ্ডৰ পৰৱৰ্ত্তীকালত পক্ষী অধ্যয়নৰ এক মূল্যৱান সহায়ক গ্ৰন্থ হৈ পৰিছিল। তেওঁৰ সংগ্ৰহৰ একাংশ প্ৰায় ১৫২টা চৰাইৰ প্ৰজাতিৰ নমুনা বুলগেৰিয়াৰ সংগ্ৰহালয়ত বিক্ৰী কৰা হৈছিল। ইয়াৰ উপৰিও তেওঁ ১৯১৩ চনৰ পৰা ১৯৩৬ চনলৈ চৰাই সংৰক্ষণ সম্পৰ্কীয় চৰকাৰী পৰামৰ্শদাতা ৰূপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ব্ৰিটিছ অৰ্নিথ’ল’জিকেল ইউনিয়নৰ তেওঁ ট্ৰেজাৰাৰ পদতো অধিষ্ঠিত হৈছিল। বেকাৰৰ য়ুহিনা নামৰ চৰাইবিধ তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে। অৱশ্যে তেওঁ সংগ্ৰহ কৰা কিছু চৰাইৰ বাহ আৰু কণী সন্দেহযুক্ত বুলি ধাৰণা কৰা হৈছিল। আৰু সন্দেহ কৰা হৈছিল যে কিছুমান তেওঁ কৃত্ৰিমভাৱে তৈয়াৰ কৰা হ’ব পাৰে। কিন্তু এইসম্পৰ্কত কোনো প্ৰামাণ্য তথ্য পোৱা নগ’ল। ৰচিত গ্ৰন্থ (১৯০৮) (১৯২১) (১৯২২, আঠটা খণ্ডত), (১৯২৮) (১৯৩২) (১৯৪২) গৱেষণাপত্ৰ (1930): 34(3), 613-622. (1930): 13. 34(3), 859-876. (1933): 36(2), 293-306. (1931): 35(1), 1-12. (1920): 29. 27(1), 1-24. (1920): 30. 27(2), 193-210. (1921): 31. 27(3), 417-430. (1921): 30. 27(4), 651-664. (1930): 34(1), 1-11. (1931): 34(4), 859-876. (1932): 35(3), 475-483. (1934): 37(1), 1-14. (1934): 21. 37(2), 245-254. (1942): 17(2), 53-56. (1943): 17(3), 92-95. (1914): 23(1), 1-22. (1914): 23(2), 183-196. (1915): 23(3), 385-412. (1915): 23(3), 454-459. (1915): 23(4), 593-606. (1921): 30. 28(1), 1-22. (1922): 31. 28(2), 305-312. (1922): 32. 28(3), 571-575. (1922): 33. 28(4), 823-829. (1924): 38. 30(1), 1-11. (1925): 39. 30(2), 236-241. (1928): 7. 33(1), 1-6. (1929): 8. 33(2), 223-228. (1929): 10. 33(4), 745-752. (1931): 15. 35(2), 241-253. (1932): 17. 35(4), 703-721. (1935): 5 22. 38(1), 1-5. (1920): 27(2), 228-247. (1921): 2. 27(3), 448-491. (1921): 3. 27(4), 692-744. (1921): 4. 28(1), 085-106. (1922): 5. 28(2), 313-333. (1922): 6. 28(3), 576-594. (1922): 7. 28(4), 0830-0873. (1924): 30(1), 207-209. (1932): 4, 5 6 35(4), 873. (1932): 18. 36(1), 1-12. (1919): 18, 121-134. (1927): 5. 3. 32(1), 1-13. (1927): 5. 4. 32(2), 237-245. (1928): 5. 5. 32(3), 397-407. (1928): 5. 6. 32(4), 617-621. (1926): 5. 1. 31(2), 233-238. (1926): 5. 2. 31(3), 533-546. (1923): 34. 29(1), 1-8. (1923): 8. 29(1), 09-22. (1923): 35. 29(2), 309-317. (1923): 36. 29(3), 577-597. (1924): 37. 29(4), 849-863. (1934): 37(3), 549-552. (1915): 17. 24(1), 1-28. (1916): 18. 24(2), 201-223. (1916): 19. 24(3), 387-403. (1916): 20. 24(4), 623-638. (1918): 25. 26(1), 1-18. (1919): 26. 26(2), 319-337. (1919): 26(2), 518-524. (1919): 27. 26(3), 705-715. (1920): 28. 26(4), 885-906. (1917): 21. 25(1), 1-39. (1917): 22. 25(2), 161-198. (1918): 23. 25(3), 325-360. (1918): 24. 25(4), 521-546. (1913): 9. 22(1), 1-12. (1913): 10. 22(2), 219-229. (1913): 11. 22(3), 427-433. (1914): 12. 22(4), 653-657. (1914): 22(4), 805-807. (1911): 21(1), 20-47. (1911): 21(1), 273-274. (1912): 21(2), 303-337. (1912): 21(2), 684. (1912): 7. 21(3), 0722-0739. (1912): 8. 21(4), 1109-1128. (1910): 20(1), 1-32. (1910): 20(2), 259-278. (1911): 20(3), 547-596. (1911): 20(4), 901-929. (1911): 20(4), 1155. (1935): 13 5(2), 475-476. (1902): 14(3), 626-627. (1909): 19(4), 994. (1908): 18(2), 275-279. (1908): 18(4), 753-755. (1908): 18(4), 915. (1908): 18(4), 915-916. (1906): 17(1), 72-84. (1906): 17(2), 351-374. (1906): 17(2), 537-538. (1906): 17(2), 538-540. (1907): 17(3), 678-697. (1907): 17(3), 783-795. (1907): 17(4), 876-894. (1907): 17(4), 957-975. (1904): 16(1), 155-156. (1903): 15(1), 141-142. (1903): 15(1), 142-143. (1903): 15(2), 348-349. (1904): 15(3), 524. (1904): 15(4), 718. (1902): 14(3), 626. (1903): 14(4), 660-665. (1903): 14(4), 814. (1900): 13(1), 01-24. (1900): 13(2), 199-222. (1901): 13(3), 399-405. (1901): 13(3), 535. (1901): 13(4), 563-570. (1901): 13(4), 705-706. (1901): 13(4), 706-707. (1898): 12(1), 01-31. (1899): 12(2), 235-261. (1899): 12(3), 437-464. (1899): 12(3), 486-510. (1899): 12(4), 593-620. (1897): 1. 11(1), 01-21. (1897): 11(2), 171-198. (1897): 11(2), 222-233. (1897): 11(2), 336. (1898): 11(3), 348-367. (1898): 11(3), 390-405. (1898): 11(3), 467. (1898): 11(4), 555-584. (1895): 10(1), 1-12. (1895): 10(1), 151-152. (1896): 10(2), 161-168. (1896): 10(3), 339-371. (1897): 10(4), 539-567. (1897): 10(4), 631-632. (1894): 9(1), 1-24. (1894): 9(2), 111-146. (1893): 8(1), 1-16. (1893): 8(2), 162-211. (1892): 7(1), 1-12. (1892): 7(2), 125-131. (1892): 7(2), 251. (1892): 7(3), 263-268. (1892): 7(3), 319-322. (1891): 6(1), 59-63. (1892): 7(4), 413-424. (1932): 13 2(2), 393-394. (1896): 3, 257-258. (1907): 17, 538-540. (1913): (1911–1912). 8, 259-288. (1913): 9, 251-254. (1918): 25, 291-304. (1919): 26, 41-45. (1892): 1892. 7(3), 390. (1892): 6 4(13), 62-64. (1895): 1. 7 1(1), 41-64. (1895): 2. 7 1(2), 217-236. (1896): 3. 7 2, 318-357. (1901): 8 1(3), 411-423. (1906): 1. 8 6(21), 84-113. (1906): 2. 8 6(22), 257-285. (1908): +292 (1910): 5, 81. (1913): +260 (1913): 31(184), 34-35. (1913): 31(184), 36-37. (1913): 31(188), 79-80. (1913): 31(188), 81-82. (1913): 33(191), 36-37. (1913): 33(191), 42. (1913): 33(193), 83-84. (1914): 33(197), 123-124. (1914): 33(197), 124. (1914): 35(200), 17-19. (1914): 3 5(3), 93-98. (1914): 3 5(5), 154-159. (1915): 11, 351-352. (1915): 35(204), 60-61. (1915): 10 3(1), 122-128. (1916): 23, 298. (1917): 10 5(2), 224-241. (1917): 10 5(3), 350-362. (1918): 10 6(1), 51-68. (1918): 26 1917. 10 6(1), 68-75. (1919): 16(1), 167. (1919): 26, 291-294. (1919): 11 1(2), 181-222. (1921): 1. 2 +340 (1921): 2. 2 328 (1922): 42(267), 93-112. (1922): 11 4(1), 142-147. (1922): 1. 8 (1924): 2. 8 (1926): 3. 8 (1927): 4. 8 (1928): 5. 8 (1929): 6. 8 (1930): 7. 8 (1930): 8. 8 (1923): 240 (1923): 277-294. (1930): 3. (1932): 1. 4 +470 (1933): 2. 4 +564 (1934): 3. 4 +568 (1935): 4. 4 +546 (1942): +207 (1939): 41(2), 429-433. (1915): 23(4), 658-689. (1923): +240 তথ্যসূত্ৰ লগতে চাওক 18 1944 1944:413-415 1944 153:580-580 বাহ্যিক সংযোগ 1 2 1 2 3 4 5 6 7 1 2 3 4 পক্ষীবিদ যুক্তৰাজ্যৰ
2196
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A7%82%E0%A6%AA%E0%A7%87%E0%A6%A8%20%E0%A6%B9%E0%A6%BE%E0%A6%9C%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%BE
ভূপেন হাজৰিকা
ড॰ ভূপেন হাজৰিকা ১৯২৬-২০১১) অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। ড° হাজৰিকাক এগৰাকী বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী বুলি গণ্য কৰা হয়। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতৰ গীতত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়। তেখেতৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ উন্নয়ন সাধনৰ উপৰিও অসম তথা ভাৰতক বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাতো অৱদান আগবঢ়াই আহিছে। হাজৰিকাই সংগীত, সাহিত্য, পৰিৱেশ্য কলা চলচ্চিত্ৰ আদিৰ বিভিন্ন অধ্যয়নচক্ৰ তথা সাংস্কৃতিক উৎসৱত ভাগ লৈ বেলজিয়াম, কংগো, চমৰখন্দ, আমেৰিকা, ইউৰোপ, কানাডা, দক্ষিণ-পূব এছিয়া, জাপান, অষ্ট্ৰেলিয়া আদি ভ্ৰমণ কৰিছিল। সাহিত্য আৰু সংস্কৃতি ক্ষেত্ৰত ড॰ হাজৰিকা অসমকে ধৰি দেশ-বিদেশতো বহুলভাৱে সমাদৃত আৰু সন্মানিত হৈছে। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্ন, ভাৰতৰ সাংস্কৃতিক জগতৰ উল্লেখনীয় সংগীত নাটক একাডেমী বঁটাৰ উপৰিও তেখেতে ১৯৯২ চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। ড॰ হাজৰিকাই ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিৱেশনৰ সভাপতিত্ব কৰিছিল। সংগীত নাটক একাডেমীৰ চেয়াৰমেন পদ লাভ কৰোঁতা হাজৰিকা প্ৰথমগৰাকী অসমীয়া ব্যক্তি। তেখেতে আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০১৯ চনত তেখেতক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। জন্ম আৰু পৰিয়াল ড॰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন গাঁৱৰ এটা সম্ভ্ৰান্ত কৈৱৰ্ত্ত পৰিয়ালত। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। নাজিৰাৰ আমোলাপট্টিত নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল যদিও চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল। ভাই-ভনী সকলো মিলি তেখেতসকলৰৰ মুঠ দহোটা সন্তান আছিল। পৰিয়ালৰ দহোটা সন্তানৰ জ্যেষ্ঠ আছিল ভূপেন হাজৰিকা। বাকী কেইগৰাকী হৈছে অমৰ হাজৰিকা, প্ৰবীণ হাজৰিকা, সুদক্ষিণা শৰ্মা, নৃপেন হাজৰিকা, বলেন হাজৰিকা, কবিতা বৰুৱা, স্তুতি পেটেল, জয়ন্ত হাজৰিকা আৰু সমৰ হাজৰিকা। ভূপেন হাজৰিকাৰ অনুজ জয়ন্ত হাজৰিকা, সমৰ হাজৰিকা, সুদক্ষিণা শৰ্মাও আগশাৰীৰ সংগীত শিল্পী। ড॰ হাজৰিকাই তেখেতৰ সংগীতপ্ৰাণ মনটো শৈশৱতে ঘৰখনৰ পৰিৱেশৰ পৰা লাভ কৰিছিল। তেখেতৰ পিতাকে প্ৰথমে শিক্ষকতা কৰিছিল, পিছলৈ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক আৰু শেষত মাটিৰ হাকিম হয়। শদিয়াত থাকোঁতে ভূপেন হাজৰিকাৰ ঘৰৰ লগত আদিবাসী মানুহৰ খুউব মিলা-প্ৰীতি আছিল। তেখেতলোকৰ ঘৰৰপৰা বহু দূৰৈত থকা বনুং গাঁওখনৰ মানুহে আহি কেঁচুৱা ভূপেনক চোৱা-চিতা কৰিছিল। তেওঁলোকে শান্তিপ্ৰিয়াক বৰ মৰম কৰিছিল। একোজনী আদিবাসী ছোৱালীয়ে পঞ্চলিছডাল জুইশলা কাঠী দিলে পঞ্চলিছদিন কাম কৰি দিছিল। বোধহয় তেওঁলোক বিনিময় প্ৰথাত বিশ্বাস কৰিছিল। ভূপেন হাজৰিকা ডাঙৰ হ‘লত ফুৰাবলৈ পেৰামবুলেটৰ (কেঁচুৱা ফুৰোৱা গাড়ী) কিনিবলৈ দেউতাক নীলকান্ত হাজৰিকাৰ ধন নাছিল। তেতিয়া ওচৰৰে চাহাব এজনে দেউতাকক মাতি নি তেওঁৰ ঘৰত থকা গাড়ী এখন উপহাৰস্বৰূপে দিছিল। সেইখন গাড়ীতে আদিবাসী ছোৱালীবিলাকে কেঁচুৱা ভূপেনক ঘূৰাই লৈ ফুৰাইছিল। মাক-দেউতাকে তেওঁৰ নামটো ভূপেন্দ্ৰ কুমাৰ হাজৰিকা বুলি ৰাখিছিল। পিছে ঘৰত সদায়েই ডাঙৰমইনা বুলি মাতিছিল। ভূপেন হাজৰিকা আছিল এনে এগৰাকী ব্যক্তি, যি সংগীতৰ জৰিয়তে আমাৰ সমাজখন সংস্কাৰ কৰিব বিচাৰিছিলি। অনাথবন্ধু দাস আৰু ভূপেন হাজৰিকা অনাথবন্ধু দাস আছিল ভূপেন হাজৰিকাৰ মোমায়েক। অনাথবন্ধু দাসে খুব সোনকালেই ১৯২৪ চনত; মাত্ৰ ২৩ বছৰ বয়সত ইহ-সংসাৰ ত্যাগ কৰিছিল। গীতে-মাতে সকলোতে আগৰণুৱা অনাথবন্ধু দাসৰ টাইফইড ৰোগ হৈছিল। ৰোগত আক্ৰান্ত হৈ থাকোঁতেই তেওঁ এদিন ভনীয়েক শান্তিপ্ৰিয়াক মাতি আনি তেওঁক ওচৰতে থকা নীলকান্ত হাজৰিকাৰ লগতে বিবাহ-পাশত আৱদ্ধ হ'বলৈ কৈছিল। কথাখিনি কোৱাৰ পিছদিনাই তেওঁৰ মৃত্যু হৈছিল। যেতিয়া ১৯২৬ চনত শদিয়াত শান্তিপ্ৰিয়াৰ গৰ্ভত ভূপেন হাজৰিকাৰ জন্ম হৈছিল, তেতিয়া নীলকান্ত হাজৰিকাই শদিয়াৰ পৰা এখন টেলিগ্ৰাম প্ৰেৰণ কৰিছিল গুৱাহাটীৰ ভৰলুমুখৰ ঘৰলৈ; য’ত লিখা আছিল― দিনটো আছিল ৮ ছেপ্টেম্বৰ। টেলিগ্ৰামখন শান্তিপ্ৰিয়াৰ মাকে অৰ্থাৎ ভূপেন হাজৰিকাৰ আইতাকে ঘৰৰ সকলোকে দেখুৱাইছিল আৰু কৈছিল যে শান্তিৰ গৰ্ভত তেওঁৰ পুত্ৰ অনাথ আকৌ আহিছে। ভূপেন হাজৰিকা জন্ম হোৱাৰ ঠিক তিনি-চাৰিদিনৰ আগত আইতাকে হুলস্থূল লগাই সকলোকে কৈ ফুৰিছিল যে― “অনাথ আহিছিল মোৰ ওচৰলৈ।” আহি হেনো তেওঁক কৈছিল― “মা তই কিয় কান্দি থাক! মই গৈছিলোঁ, কিন্তু আকৌ আহিলোঁ নহয়। মই শান্তিৰ গৰ্ভত আকৌ আহিছোঁ।” ভূপেন হাজৰিকাৰ চাৰি নে পাঁচ বছৰ বয়সত আইতাকে এদিন কৈছিল― “তোক মই অনাথ বুলিহে মাতিম, ভূপেন বুলি নামাতোঁ।” তেওঁ ভাবিছিল যে, ২৩ বছৰ বয়সতে মৃত্যুবৰণ কৰা প্ৰতিভাৱান অনাথবন্ধু দাসেই শান্তিপ্ৰিয়াৰ গৰ্ভত পুনৰ ভূপেন হৈ উপজিছে। শৈশৱ আৰু শিক্ষা ড॰ হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। গুৱাহাটীৰ ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৪০ চনত প্ৰৱেশিকা পৰীক্ষা, ১৯৪২ চনত কটন মহাবিদ্যালয়ৰ পৰা ইণ্টাৰমেডিয়েট (কলা বিভাগ), ১৯৪৪ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৪৬ চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ৰ’ল অৱ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াছ এডাল্ট এডুকেশ্যন বিষয়ত অধ্যয়ন কৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰে। তেখেতে চিকাগো বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক প্ৰকল্পত সহায়ৰ কাৰণে চলচ্চিত্ৰৰ ভূমিকা অধ্যয়নৰ বাবে ল ফেল’শ্বিপ লাভ কৰিছিল। প্ৰাইমেৰী বিদ্যালয়ৰ এছোৱা সময় ভূপেন হাজৰিকাই ঘৰতে পঢ়িছিল। কাৰণ, ভৰলুমুখৰ আইতাকৰ ঘৰখনত প্ৰায় আটাইবোৰ সদস্যয়েই শিক্ষা-বৃত্তিৰ লগত জড়িত আছিল। দেউতাক আছিল কটন কলেজিয়েট হাইস্কুলৰ শিক্ষক, মাহীয়েক ভৱপ্ৰিয়া দাস মাছখোৱা ছোৱালী হাইস্কুলৰ শিক্ষয়িত্ৰী আৰু ককাক ৰতিকান্ত দাসো আছিল এজন শিক্ষক। তেওঁলোক আটায়ে মিলি ভূপেন হাজৰিকাক অ-আ-ক-খ শিকাইছিল। অংক বিষয়ত ভূপেন হাজৰিকাৰ বৰ মন নাছিল। তৃতীয় শ্ৰেণীলৈকে তেওঁ ঘৰতে পঢ়িছিল। তাৰপিছতহে তেওঁক সোণাৰাম হাইস্কুলত নাম লগাই দিয়া হৈছিল। সেই সময়ত তেওঁৰ বয়স আছিল ছবছৰ। ভৰলুমুখৰ ঘৰত থাকোঁতেই মাহীয়েক ভৱপ্ৰিয়া দাসে ভূপেন হাজৰিকাক এখন হাৰমনিয়াম আনি দিছিল। তেওঁলোকৰ ওচৰতে থকা দাসগুপ্ত নে সেনগুপ্ত নামৰ এক্সাইজ ছুপাৰিণ্টেডেণ্ট এজনে অৰ্গেনত ব্ৰাহ্মসংগীত বজাইছিল। ভূপেন হাজৰিকাই সেইবোৰ শুনিছিল। ভূপেন হাজৰিকাৰ মাকে পদ্মধৰ চলিহাৰ গীত, ব্ৰাহ্মসংগীত, বঙালী গীত, ৰবীন্দ্ৰসংগীত গাইছিল। ঘৰত বৰগীতৰ চৰ্চাও চলিছিল। এনেকৈয়ে সৰুতেই নিজৰ ঘৰখনত ভূপেন হাজৰিকাৰ সংগীতৰ লগত পৰিচয় হৈছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ লগত সাক্ষাৎ দেউতাক নীলকান্ত হাজৰিকা কটন কলেজিয়েট হাইস্কুললৈ অহাৰ কেইদিনমানৰ পিছতেই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অসমলৈ আহিছিল। পুনৰ ঘূৰি যোৱাৰ সময়ত তেওঁক কটন কলেজিয়েটৰ ছাত্ৰসকলকৰ বাৰ্ষিক সন্মিলনলৈ নিমন্ত্ৰণ কৰা হৈছিল। তেওঁক সেই সন্মিলনৰ সভাপতি পতা হৈছিল। সেইদিনা আছিল ১৯৩০ চনৰ ৩০ অক্টোবৰ। দেউতাক নীলকান্ত হাজৰিকাই সৰু চুৰিয়া আৰু পাটৰ কুৰ্তা এটা পিন্ধাই শিশু ভূপেনক তালৈ লৈ গৈছিল। ভূপেন হাজৰিকাই তাতেই এটা গীত পৰিৱেশন কৰিছিল। তেওঁ গাইছিল: গীতটো তেওঁক শিকাইছিল মাহীয়েক ভৱপ্ৰিয়া দাসে। গীতটো শুনাৰ পাছত বেজবৰুৱাদেৱে শিশু ভূপেনক চুমা এটা খাইছিল। চুমাটো খোৱাৰ আগতে বেজবৰুৱাই "মই পাপী মানুহ, ই বৰ পৱিত্ৰ ল'ৰা" বুলি কৈ চৌকিদাৰৰ হতুৱাই পানী এগিলাচ অনাইছিল। কাৰণ সেই সময়ত তেওঁৰ মুখত তামোল আছিল। সেই পানীৰে কুল কুল কৰি উঠিহে বেজবৰৱাই ভূপেন হাজৰিকাৰ কপালত চুমা এটা খাইছিল আৰু কৈছিল― "খুব ডাঙৰ শিল্পী হ'বা তুমি। উল্লেখযোগ্য যে, তাৰ পিছদিনাই বেজবৰুৱাই হাওড়ালৈ ৰাওনা হৈছিল। পাছদিনা সাদিনীয়া অসমীয়াত খবৰ ওলাইছিল― "নীলকান্ত হাজৰিকাৰ ল'ৰা শ্ৰীমান ভূপেন হাজৰিকাই গান গালে।" প্ৰণিধানযোগ্য যে, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী মোৰ জীৱন সোঁৱৰণতো এই বিশেষ সাক্ষাতটোৰ বিষয়ে উল্লেখ কৰা আছে। তেজপুৰত শৈশৱকাল ১৯৩৩ চনত গুৱাহাটীৰ সোণাৰাম স্কুলত তৃতীয় শ্ৰেণীত নামভৰ্তি কৰোৱাৰ পাছত কিছুদিন তেওঁলোক গুৱাহাটীত আছিল। ১৯৩৫ চনত বিদ্যালয়ৰ সহ-পৰিদৰ্শক (ছাব ইনস্পেক্টৰ অৱ ছ) হৈ নীলকান্ত হাজৰিকা ধুবুৰীত থাকে। ধুবুৰী প্ৰাইমেৰী স্কুলত ভূপেন হাজৰিকাই এবছৰ পঢ়ে। তাৰপিছত ১৯৩৬ চনত দেউতাক তেজপুৰলৈ বদলি হৈ আহে ছাব-ডেপুটী-কালেক্টৰ হৈ। অৰ্থাৎ নীলকান্ত হাজৰিকা এইবাৰ মাটিৰ হাকিম হ'ল। ১৯৩৬ চনত দেউতাকে ভূপেন হাজৰিকাক তেজপুৰ গৱৰ্নমেণ্ট হাইস্কুলত নাম লগাই দিছিল ক্লাছ ছিক্সত। তেজপুৰতেই ভূপেন হাজৰিকাই বিষ্ণু ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ সাক্ষাৎ লভে। লগতে পাৰ্ৱতি প্ৰসাদ বৰুৱা, পদ্মধৰ চলিহা আদিৰ নাম শুনে, চিনাকি হয়। তেজপুৰত বঙালী ষ্টেজত এবাৰ ভূপেন হাজৰিকাই ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত যোগদান কৰি প্ৰথম পুৰস্কাৰ লাভ কৰে। লগতে সোণৰ মেডেল এটাও পায়। ১৯৩৭ চনত ১১ বছৰ বয়সত ভূপেন হাজৰিকাই প্ৰথমটো গীত ৰচনা কৰে। গীতটো আছিল: বিষ্ণু-জ্যোতিৰ সান্নিধ্য তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ আগে-আগে বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ফণী শৰ্মা এখন বিদেশী গাড়ীত উঠি নীলকান্ত হাজৰিকাৰ ঘৰলৈ আহিছিল। সেইসময়ত বিষ্ণু ৰাভাই জ্যোতিপ্ৰসাদক ককাইদেউ বুলি সম্বোধন কৰিছিল। ভূপেন হাজৰিকা ক্লাছ ছেভেনত। প্ৰাৰম্ভিক চা-চিনাকিৰ পাছত তেওঁলোকে দেউতাকৰ আগত ভূপেনক কলিকতালৈ লৈ যোৱাৰ প্ৰস্তাৱ দিলে। গীত এটাৰ ৰেকৰ্ডিঙৰ বাবে। দেউতাক সন্তামত হ’ল। তাৰপিছত কলিকতালৈ যোৱাৰ আগে-আগে জ্যোতি-বিষ্ণুৰ লগত ভূপেন হাজৰিকাৰ গানৰ খুব আখৰা হ'ল। খেয়াল গাবলৈ অসুবিধা পোৱা ভূপেন হাজৰিকাক জ্যোতিপ্ৰসাদে প্ৰকাশভংগী শিকালে আৰু বিষ্ণু প্ৰসাদে কেইটামান সৰু সৰু খেয়াল শিকাই দিলে। যথা সময়ত ৰঙাপাৰাৰ পৰা তেওঁলোকৰ কলিকতা-যাত্ৰা আৰম্ভ হ’ল। কলিকতাত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই বিদ্যুৎ গতিৰে গীত লিখিলে। দিনে-নিশাই সুৰ সংযোজন কৰিলে। শোণিত কুঁৱৰী আৰু জয়মতী কুঁৱৰীৰ গীত ৰেকৰ্ডিং হ'ল। এছিয়াৰ সৰ্ববৃহৎ ৰেকৰ্ডিং কোম্পানী 'হিজ্ মাষ্টাৰ্ছ ভইচ' তেতিয়া দমদমত আছিল। ভূপেন হাজৰিকাক জয়মতী কুঁৱৰী আৰু শোণিত কুঁৱৰীৰ নাৰী-কণ্ঠৰ গীতবোৰ গাবলৈ দিয়া হৈছিল। কাৰণ ভূপেন হাজৰিকাৰ মাতটো সৰু আছিল। ইয়াৰ পিছত জ্যোতি-বিষ্ণুৱে ভূপেন হাজৰিকাৰ হতুৱাই ‘কাষতে কলচী লৈ’, ‘উলাহেৰে নাচি বাগি হ’লি বিয়াকুল’, ‘বিশ্ববিজয়ী ন-জোৱান’ আদি গীত কেইটামান ৰেকৰ্ড কৰোৱালে। এদিন অৰোৰা ফিল্মত ৰেকৰ্ডে মুক্তি পালে। ক’ভাৰত দিয়া হৈছিল ভূপেন হাজৰিকাৰ ছবি। নেভী ব্লু ৰঙৰ হাফপেণ্ট, বগা শ্বাৰ্ট, আধা টাই পিন্ধা আৰু সোণৰ মেডেল পিন্ধা ছবি এখন। কলিকতাত গীত ৰেকৰ্ডিং কৰি এদিন ভূপেন হাজৰিকা ঘৰ ওলালহি। তাৰপিছত পৰীক্ষাত বহিল আৰু পাছো কৰিলে। অংকত খুব কম নম্বৰ পাইছিল। সম্ভৱতঃ ৩১। কৰ্মজীৱন ড॰ হাজৰিকাই কিছুদিন বি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। ১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত, উক্ত অনুষ্ঠানৰ সৈতে তেখেত জড়িত হৈছিল। ১৯৬৭ চনৰপৰা ১৯৭২ চনলৈ ভূপেন হাজৰিকা অসম বিধানসভাৰ সদস্য আছিল। নাওবৈচা সমষ্টিৰপৰা তেখেতে বিধায়ক নিৰ্বাচিত হৈছিল। বিধায়ক হৈ থকাৰ সময়ত তেখেতে এটা ফিল্ম ষ্টুডিঅ', এটা আৰ্ট গেলাৰী আৰু এটা জাতীয় নাট্যশালা গঢ়াৰ বাবে যুঁজ দিছিল। তেখেতে কাৰ্যনিবাহ কৰা অন্য পদসমূহ হ'ল: চেয়াৰমেন, এপেলেট বডী অৱ চেণ্ট্ৰেল বৰ্ড অৱ ফিল্ম চেঞ্চৰ্ছ, ভাৰত চৰকাৰ, ১৯৯০ ৰ পৰা আৰম্ভ কৰি ৯ বছৰ মেম্বাৰ, স্ক্ৰীপ্ট কমিটী অৱ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন, ইষ্টাৰ্ণ ইণ্ডিয়া ডাইৰেক্টৰ, নেশ্যনেল লেভেল অন দ্য বৰ্ড অৱ ডাইৰেক্টৰ্ছ অৱ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন, ভাৰত চৰকাৰ জিকিউটীভ কাউনঞ্চিল মেম্বাৰ, চিল্ড্ৰেঞ্চ ফিল্ম ছ'চাইটী মেম্বাৰ, বৰ্ড অৱ ট্ৰাষ্টীজ, পুৱৰ ছ ৱেলফেয়াৰ ফাণ্ড, ভাৰত চৰকাৰ চেয়াৰমেন, জুৰী অৱ দ্য নেশ্যনেল ফিল্ম ছ, ১৯৮৫ জুৰী মেম্বাৰ, জুৰী অৱ দ্য নেশ্যনেল ফিল্ম ছ, ১৯৫৮-ৰ পৰা ১৯৯০-লৈকে কেইবাবাৰো মেম্বাৰ, পি চি জোশী কমিটী। এই কমিটী ভাৰত চৰকাৰৰ তথ্য মন্ত্ৰালয়ে টেলিভিছন কাৰ্যক্ৰমৰ সহায়ত একবিংশ শতিকাত ভাৰতত ছফ্টৱেৰ প্ৰ’গ্ৰেমিঙত প্ৰোৎসাহ দিয়াৰ উদ্দেশ্যে অনুসন্ধান কৰিবলৈ নিয়োগ কৰিছিল। মেম্বাৰ, ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পলিচী মেকিং বডী, ভাৰত চৰকাৰ পল ৰ’বচনক সাক্ষাৎ আমেৰিকা যুক্তৰাষ্ট্ৰত থাকোঁতেই ভূপেন হাজৰিকাই আমেৰিকাৰ গণ-অধিকাৰ আন্দোলনৰ লগত জড়িত আফ্ৰিকান-আমেৰিকান গায়ক আৰু অভিনেতা পল ৰ’বচনক লুকাই লুকাই লগ কৰিবলৈ গৈছিল। সেই কাৰণে তেওঁক বহুতেই ‘কমিউনিষ্ট’ বুলি ধৰি লৈছিল। আমেৰিকাত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিজয়লক্ষ্মী পণ্ডিতে ভূপেন হাজৰিকালৈ ফোন কৰি সাৱধানবাণী শুনাইছিল— “তই বৰ দুষ্ট হৈ গৈছ। আমাৰ পইচা লৈ তই ইয়াত সেই ৰঙা-নীলাবিলাকৰ মাজতে ঘূৰি ফুৰিছ।” পল ৰ’বচনে সেই সময়ত গঢ়ি তোলা উগ্ৰ ৰক্ষণশীলতা বিৰোধী আন্দোলনবোৰৰ প্ৰতি ভূপেন হাজৰিকাৰ নৈতিক সমৰ্থন আছিল। আমেৰিকা এৰিবৰ প্ৰাক্-মুহূৰ্তত ভূপেন হাজৰিকা পল ৰ’বচনৰ ওচৰলৈ গৈছিল আৰু লণ্ডনলৈ যাব বুলি কৈছিল। ৰ'বচনে ভূপেন হাজৰিকাক লণ্ডনত থকা ৰজনীপাম দত্তক সাক্ষাৎ কৰিবলৈ কৈছিল। পল ৰ’বচনে ভূপেন হাজৰিকাক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল। ভূপেন হাজৰিকাই সেয়েহে কৈছিল— “তেওঁৰ গীতে আমাক বিদ্যুৎ প্ৰবাহৰ দৰে ছুই বিজুলী সঞ্চাৰেৰে সহস্ৰ ৰাইজ যেন উদ্বুদ্ধ হ'ল বৰ্ণ-বৈষম্যৰ বিৰুদ্ধে তেওঁ গোৱা গীতে আমাক এক নতুন সংগীত জগতৰ বতৰা তেওঁক দেখি বিষ্ণু ককাইদেউক লগ পোৱা যেন একলব্যৰ দৰে দূৰৈৰপৰা তেওঁৰ ধুমুহা-সদৃশ ব্যক্তিত্বক সন্মান জনাই লাহে লাহে ওচৰ উল্লেখযোগ্য যে, পল ৰ’বচনৰ গীতটো ভূপেন হাজৰিকাই ‘আমি একেখন নাৱৰে যাত্ৰী’ৰ ৰূপত বিভিন্ন প্ৰসংগত গাইছে। ব্যক্তিগত জীৱন ১৯৫০ চনত নিউয়ৰ্কত ড॰ হাজৰিকা উগাণ্ডাৰ এটা গুজৰাটী পৰিয়ালৰ ছোৱালী প্ৰিয়ম্বদা পেটেলৰ লগত বিবাহ পাশত আবদ্ধ হয়। ১৯৫২ চনত তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান তেজ হাজৰিকাৰ জন্ম হয়। ১৯৬৩ চনত তেওঁলোকৰ বিচ্ছেদ হয়। ড॰ হাজৰিকাৰ মৃত্যুৰ সময়ত প্ৰিয়ম্বদা পেটেল কানাডাৰ অ’টৱাত আছিল। পৰৱৰ্তীকালত ড॰ হাজৰিকাৰ ‘ৰু’দালি’, ‘দমন’, ‘এক পল’ আদি খ্যাত চলচ্চিত্ৰ পৰিচালিকা কল্পনা লাজমীৰ লগত মধুৰ সম্পৰ্ক গঢ়ি উঠে। জীৱনৰ শেষ কালচোৱাত তেখেত ঘনিষ্ঠ বান্ধৱী, চলচ্চিত্ৰ পৰিচালিকা কল্পনা লাজমীৰ তত্ত্বাবধানত মুম্বাইত আছিল। ২০১৮ চনৰ ৩০ অক্টোবৰত কল্পনা লাজমীয়ে সুনন্দা শ্যামল মিত্ৰৰ সহযোগত লিখা আত্মজীৱনী ‘ভূপেন হাজৰিকা: এজ আই নিউ হিম’ প্ৰকাশ পায়। এই আত্মজীৱনীত কল্পনা লাজমীয়ে ভূপেন হাজৰিকাক সোতৰ বছৰ বয়সতে লগ পোৱাৰ কথা উল্লেখ কৰে। সেইসময়ত ভূপেন হাজৰিকাৰ বয়স আছিল পঞ্চলিছ। বংশলতা সমালোচকৰ দৃষ্টিত ভূপেন হাজৰিকা অসমৰ বিশিষ্ট লেখক, প্ৰবন্ধকাৰ আৰু অধ্যাপক ড° হীৰেন গোঁহায়ে ড° ভূপেন হাজৰিকাৰ সন্দৰ্ভত মন্তব্য আগবঢ়াইছে যে- ভূপেন্দ্ৰ সংগীতৰ পৰ্যালোচনা আগবঢ়াই লেখিকা-সমালোচিকা ড° বৰ্ণালী বৰুৱা দাসে নিজৰ গ্ৰন্থ 'গভীৰ আস্থাৰ গান'ত লিখিছে- মৃত্যু বৃক্কৰ সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি থকা ড॰ হাজৰিকাই ২০১১ চনৰ ৫ নৱেম্বৰৰ দিনা মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৫ বছৰ। মৃত্যুৰ পিছত হাজৰিকাৰ নশ্বৰদেহ গুৱাহাটীলৈ অনা হয় আৰু ৯ নৱেম্বৰৰ দিনা অন্তিম সংস্কাৰ কৰা হয়, য’ত প্ৰায় ৫ লাখ জনতাই ভাগ লয়। তেখেতৰ সমাধিক্ষেত্ৰ জালুকবাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাষত প্ৰতিষ্ঠা কৰা হয়। সমাধিক্ষেত্ৰখনত ‘সোণোৱালী সোঁৱৰণি’ নামৰ এক তিনি মহলীয়া সংগ্ৰহালয়ো আছে, য’ত ভূপেন হাজৰিকাৰ জীৱনৰ লগত জড়িত সামগ্ৰী আৰু আলোকচিত্ৰ আছে। শিল্প আৰু সাহিত্য পাঁচবছৰ বয়সতে কটন কলেজিয়েট হাইস্কুলত গীত গাই ভূপেন হাজৰিকাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আশীৰ্বাদ লাভ কৰিছিল। ড॰ হাজৰিকাৰ প্ৰকৃত শিল্পী জীৱনৰ আৰম্ভণি হয় তেজপুৰত। তেজপুৰত থকা সময়ত তেওঁ অসমীয়া সাংস্কৃতিক জগতৰ বাটকটীয়া শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ সান্নিধ্যৰে অনুপ্ৰাণিত হৈছিল। ১৯৩৬ চনত তেওঁলোকেই দহবছৰীয়া ভূপেন হাজৰিকাক কলিকতালৈ নি চেনোলা মিউজিকেল প্ৰডাক্ট কোম্পানীত 'শোণিত কুঁৱৰী' আৰু 'জয়মতী' নাটক দুখনৰ গীত বাণীবদ্ধ কৰায়। একে সময়তে বিষ্ণু ৰাভাই স্বৰচিত 'উলাহতে নাচিবাগি হ'লি বিয়াকুল' আৰু 'কাষতে কলচী লৈ' গীত দুটিও বাণীবদ্ধ কৰোৱায়। ১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী ছবিৰ নেপথ্য গায়ক হিচাপে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে। ১৯৫৫ চনত দিল্লী অনুষ্ঠিত আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত ভূপেন হাজৰিকাৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ে শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান অৰ্জন কৰে। ড॰ ভূপেন হাজৰিকাই নিজে লিখা আৰু কণ্ঠদান কৰা গীতসমূহকে ভূপেন্দ্ৰ সংগীত বোলা হয়। তেওঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী পল ৰ'বচনৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল। ৰ'বচনৰ ''-ৰ অৱলম্বনতে তেখেতে তেখেতৰ 'বিস্তীৰ্ণ পাৰৰে' গানটো ৰচনা কৰে। পাছত ইয়াৰ বঙালী আৰু হিন্দী অনুবাদো প্ৰকাশ কৰা হয়। আন কিছু উল্লেখযোগ্য ভূপেন্দ্ৰ সংগীতসমূহ হৈছে: 'সাগৰ সংগমত কতনা সাঁতুৰিলোঁ', 'জিলিকাব লুইতৰ পাৰ', 'অ' বিদেশী বন্ধু', 'মেঘে কৰে', 'বিমূৰ্ত মোৰ নিশাটি' আদি। সাহিত্যৰ ক্ষেত্ৰলৈও ভূপেন হাজৰিকাৰ যথেষ্ট অৱদান আছে। তেখেতৰ বেছিভাগ গান তেখেতে নিজে ৰচনা কৰা। কলম্বিয়া বিশ্ববিদ্যালয়ত থকা সময়ত তেখেত 'নিউ ইণ্ডিয়া' পত্ৰিকাৰ ১৪৯-১৫০ সংখ্যাৰ সম্পাদক আছিল। ১৯৬৫ চনত তেখেত কলা বিষয়ক 'গতি' আলোচনীৰ চাৰিটা খণ্ড, ১৯৭০ চনত ক্ষুদ্ৰ আলোচনী 'বিন্দু'-ৰ আঠটা খণ্ড, ১৯৬৫ আৰু ১৯৮০ চনৰ ভিতৰত মাহেকীয়া আলোচনী 'আমাৰ প্ৰতিনিধি', আৰু ১৯৮৩ ৰ পৰা ১৯৯০ চনৰ ভিতৰত পষেকীয়া আলোচনী 'প্ৰতিধ্বনি'ৰ সম্পাদক আছিল। শিশুসকলৰৰ বাবেও ভূপেন হাজৰিকাই 'ভূপেন মামাৰ গীতে মাতে অ, আ, ক, খ' নামৰ অসমীয়া আখৰ-চিনাকিৰ এখন জনপ্ৰিয় পুথি লিখিছিল। অসম সাহিত্য সভাই ২০০৮ চনৰ ৮ ফেব্ৰুৱাৰীত হাজৰিকাৰ সাহিত্যকৰ্মৰ বাবে 'সাহিত্যাচাৰ্য' উপাধি প্ৰদান কৰে। চলচ্চিত্ৰপঞ্জী ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবি এৰা বাটৰ সুৰ মুক্তি পায় ১৯৫৬ চনত। তেওঁ ছবিখন পৰিচালনা কৰাৰ লগতে কাহিনী, সংগীত আৰু গীতো ৰচনা কৰিছিল। তেওঁ পৰিচালনা কৰা আন উল্লেখযোগ্য ছবিসমূহ হৈছে শকুন্তলা (১৯৬১), প্ৰতিধ্বনি (১৯৬৪), লটিঘটি (১৯৬৬), চিকমিক বিজুলী (১৯৬৯), ছিৰাজ (১৯৮৮) আদি। চলচ্চিত্ৰ পৰিচালনাৰ লগতে ভূপেন হাজৰিকাই অসমীয়া, বঙালী, হিন্দী তথা আন ভাষাৰ অনেক ছবিত সংগীত পৰিচালনা কৰিছে। উল্লেখযোগ্য যে আব্দুল মজিদ পৰিচালিত ১৯৭৫ চনৰ ছবি চামেলি মেমচা'বত কৰা সংগীত পৰিচালনাৰ বাবে ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবৰ সক্ষম হয়। জনপ্ৰিয় সংস্কৃতিত হাজৰিকাক কেন্দ্ৰ কৰি ৰেঙনি চেনেলত “যাযাবৰ-দ্য লিজেণ্ড” শীৰ্ষক এখন ধাৰাবাহিক সম্প্ৰচাৰিত হয়। ছবিখনৰ চিত্ৰনাট্য, সংলাপৰ লগতে ইয়াৰ পৰিচালনাৰ দায়িত্বত আছে কণ্ঠশিল্পী ও নিৰ্মাতা সদানন্দ গগৈ। এ.এম টেলিভিছনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছে সঞ্জীৱ নাৰায়াণে। ভূপেন হাজৰিকাৰ শিক্ষা জীৱনকে আদি কৰি তেওঁৰ সৃষ্টি তথা তেওঁ জীৱন পৰিক্ৰমাৰ আটাইবোৰ বস্তুকেই এই ধাৰাবাহিক খনত উপস্থাপন কৰা হৈছে। এই ধাৰাবাহিকখনত অভিনয় কৰিছে চেতনা দাস, আইমী বৰুৱা, কিশোৰ চৌধুৰী, মনোজ কুমাৰ দাস, এনিশা শৰ্মা, নন্দিনী কাশ্যপ, ৰূপম বৰুৱা, দেৱজিৎ হাজৰিকা, ৰাজশ্ৰী আগৰৱাল, সমীৰণ পোদ্দাৰ, কবিতা দুৱৰা, ৰূপম অনুৰাগ, ৰূপজ্যোতি দাস, জুলী লহকৰ, প্ৰশান্ত দাস, গৌতম পাঠক, অঞ্জন জ্যোতি বওজ, স্পেইনী, শ্ৰেয়াছ মল্ল বুজৰবৰুৱা আৰু ৰাজদ্বীপ বৰায়ে। বঁটা আৰু কৃতিত্ব ১৯৬১ চনত ড॰ হাজৰিকাই নিৰ্মাণ কৰা ‘শকুন্তলা’ ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে। ১৯৬৪ চনত ড॰ হাজৰিকাই নিৰ্মাণ কৰা ‘প্ৰতিধ্বনি’ ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে। এই ছবিখন ফ্ৰাঞ্চৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল। ১৯৬৬ চনত ড॰ হাজৰিকাই নিৰ্মাণ কৰা ‘লটিঘটি’ প্ৰথম অসমীয়া ব্যংগ চলচ্চিত্ৰখনৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰে। ১৯৭৬ চনত আব্দুল মজিদৰ পৰিচালিত ‘চামেলি মেমচা'ব’ৰ সংগীত পৰিচালনাৰ বাবে বছৰটোৰ সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰে। এই সংগীতৰ বাবে তেওঁক ৰাষ্ট্ৰপতিয়ে 'ৰজত কমল বঁটা' আৰু নগদ দহ হেজাৰ টকাৰে সন্মান যাচে। ১৯৭৮ চনত দুখন অসমীয়া গানৰ বিশেষ ৰেকৰ্ড প্ৰকাশ কৰাৰ উপৰিও তেওঁ 'আমি এক যাযাবৰ' বুলি আঠোটা বঙালী গীতৰ এল পি ৰেকৰ্ড এইছ এম ভি ৰ পৰা এখন এম্বেচেদৰ আৰু এখন সোণৰ ৰেকৰ্ড লাভ কৰে। ১৯৭৭ চনত পশ্চিমবংগৰ ‘বঙালী চলচ্চিত্ৰ পুৰস্কাৰ সমিতি’য়ে ‘দম্পতী’ ছবিখনৰ বাবে বছৰটোৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ যাচিছিল। ১৯৭৭ চনত পদ্মশ্ৰী বঁটা লাভ কৰে। ১৯৭৮ চনত ‘সীমনা পেৰিয়ে’ৰ সংগীত পৰিচালনাৰ কাৰণে 'বাংলাদেশ ফিল্ম ইণ্ডাষ্টিজ'ৰ তৰফৰ পৰা বছৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰূপে সন্মানিত হৈছিল। ১৯৭৬ চনৰ ২৬ জানুৱাৰীত অৰুণাচল চৰকাৰে তেওঁক 'মেৰা ধৰম মেৰি মা' নামৰ হিন্দী ছবি নিৰ্মাণ কৰাৰ বাবে সম্বৰ্দ্ধনা জনাই সোণৰ পদক উপহাৰ দিছিল। মহুৱা সুন্দৰী নাটকৰ শ্ৰেষ্ঠ লোকসংগীত শিল্পী বঁটা (১৯৭৯) ১৯৮৭ চনত অসম চৰকাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰে। ১৯৮৭ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে। ১৯৮৭ চনত ইন্দিৰা গান্ধী স্মৃতি বঁটা লাভ কৰে। ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিবেশনৰ সভাপতিৰ আসন শুৱনি কৰিছিল। ১৯৯৩ চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ১৯৯৩ চনত ড॰ হাজৰিকাক ১৯৯২ চনৰ বাবে ভাৰতৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান ‘দাদা চাহেব ফাল্কে বঁটা’ সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ড॰ শংকৰ দয়াল শৰ্মাই প্ৰদান কৰে। ২০০১ চনত পদ্মভূষণ বঁটা লাভ কৰে। ২০০১ চনত মধ্যপ্ৰদেশ চৰকাৰৰ পৰা লতা মংগেশকাৰ বঁটা লাভ কৰে। ২০০৬ চনত তেওঁৰ বঙালী গীত "মানুষ মানুষেৰ জন্য" বিবিচি বঙালীৰ শ্ৰোতা জৰীপত "সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বঙালী গীত"ৰ তালিকাত দ্বিতীয় স্থান লাভ কৰে। ২০০৮ চনত অসম সাহিত্য সভাৰ পৰা সাহিত্যচাৰ্য সন্মান লাভ কৰে। ২০০৯ অসম চৰকাৰৰ পৰা অসম ৰত্ন বঁটা লাভ কৰে। ২০১২ চনত মৰণোত্তৰভাবে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণৰে সন্মানিত হয়। ২০১৯ চনত মৰণোত্তৰভাবে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত হয়। গুগল ডুডল গুগলে হাজৰিকাৰ ৯৬ সংখ্যক জন্মদিন উদযাপন কৰি এটা ডুডল উছৰ্গা কৰিছিল। এই ডুডলটো আছিল এটা ক্লে ৱৰ্ক। হাৰমনিয়াম বজাই থকা অৱস্থাত হাজৰিকাৰ এই ডুডলটোৰ সৃষ্টি কৰিছে মুম্বাইৰ অতিথি শিল্পী, গ্ৰাফিক ডিজাইনাৰ, কলা পৰিচালক আৰু চিত্ৰকৰ ৰুতুজা মালিয়ে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ভূপেন্দ্ৰ ৰ কথা ভূপেন হাজৰিকা ডিজিটেল আৰ্কাইভ ভূপেন হাজৰিকাই সম্পাদনা কৰা ক্ষুদ্ৰ আলোচনী "বিন্দু"ৰ প্ৰথম সংস্কৰণ 19 2002 9 2011 (1926-2011), 5 2011 অসমৰ মৃত অসমীয়া অসমীয়া গীতিকাৰ অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালক বঙালী চলচ্চিত্ৰৰ সংগীত পৰিচালক অসমৰ চলচ্চিত্ৰ অসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালক অসমৰ ৰাজনীতিৰ সৈতে জড়িত অসম সাহিত্য সভাৰ সভাপতি«‘’» পদ্মশ্ৰী বঁটা বিজয়ী পদ্মবিভূষণ বঁটা বিজয়ী পদ্মভূষণ বঁটা বিজয়ী ভাৰত ৰত্ন বঁটা বিজয়ী শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী দাদাচাহেব ফাল্কে বঁটা বিজয়ী সংগীত নাটক একাডেমী বঁটা বিজয়ী শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী ভাৰতীয় চলচ্চিত্ৰ সংগীতকাৰ অসম ৰত্ন বঁটা
72205
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%87%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE
অন্ত্যেষ্টিক্ৰিয়া
অন্ত্যেষ্টিক্ৰিয়া )ৰ আক্ষৰিক অৰ্থ হৈছে "অন্তিম বলিদান", আৰু হিন্দু ধৰ্মত মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াৰ ৰীতি-নীতিক বুজায়, য'ত সাধাৰণতে মৃতদেহৰ দাহন কাৰ্য অন্তৰ্ভুক্ত। হিন্দু পৰম্পৰাত গৰ্ভধাৰণৰ পৰা আৰম্ভ হোৱা পৰম্পৰাগত জীৱন চক্ৰ সংস্কাৰৰ এটা শৃংখলাত অন্তিম মৌলটো হৈছে অন্তিম সংস্কাৰ। ইয়াক অন্তিম সংস্কাৰ, অন্ত্য-ক্ৰিয়া, অনৱৰোহণ্য, বা বহ্নি সংস্কাৰ বুলিও কোৱা হয়। অন্ত্যেষ্টিক্ৰিয়াৰ সম্পূৰ্ণ নীতি নিয়ম সমূহ স্থান, জাতি, লিংগ আৰু মৃতকৰ বয়স অনুপাতে ভিন্ন হয়। ব্যুৎপত্তি অন্ত্যেষ্টি শব্দটো সংস্কৃতৰ অন্ত আৰু ইষ্টি শব্দৰ জটিল মিশ্ৰণ, যাৰ অৰ্থ হৈছে ক্ৰমে অন্তিম আৰু বলিদান। একেলগে এই শব্দটোৱে অন্তিম বলিদানক বুজায়। একেদৰে অন্তিম সংস্কাৰ অভিধাটোৰ অৰ্থ হৈছে ''অন্তিম পবিত্ৰ ক্ৰিয়া" বা "মৃতকৰ অন্তিম কৃত্য।" ধৰ্ম গ্ৰন্থিয় ব্যাখ্যা হিন্দু ধৰ্মৰ প্ৰাচীন সাহিত্যৰ আধাৰত অন্ত্যেষ্টিক্ৰিয়াৰ ৰীতি সমূহ ৰচনা কৰা হৈছে। আত্মা হৈছে অন্ত্যেষ্টিক্ৰিয়াৰ ৰীতি-নীতিৰে মুক্তি দিয়া জীৱৰ মূল, যি অমৰ, কিন্তু শৰীৰ আৰু বিশ্বব্ৰহ্মাণ্ড দুয়োটাই হিন্দু ধৰ্মৰ বিভিন্ন মত অনুসৰি ক্ষণস্থায়ী। হিন্দু গ্ৰন্থ মতে মানৱ শৰীৰ আৰু বিশ্বব্ৰহ্মাণ্ড পাঁচটা উপাদানেৰে গঠিত বায়ু, পানী, জুই, পৃথিৱী আৰু মহাকাশ। উত্তৰণৰ অন্তিম ৰীতিটোৱে শৰীৰটোক পাঁচটা উপাদান আৰু ইয়াৰ উৎপত্তিলৈ ঘূৰাই নিয়ে। এই বিশ্বাসৰ বিষয়ে বেদত উল্লেখ পোৱা যায়, উদাহৰণ স্বৰূপে ঋকবেদৰ ১০.১৬ ধাৰাৰ স্তোত্ৰত, নিম্নলিখিত ধৰণে উল্লেখ আছে- এটা শিশুৰ অকাল মৃত্যুৰ ক্ষেত্ৰত সমাধিস্থ কৰাৰ অন্তিম সংস্কাৰৰ মূল হৈছে ঋকবেদৰ ধাৰা ১০.১৮, য'ত স্তোত্ৰবোৰ শিশুটোৰ মৃত্যুত শোক প্ৰকাশক, "আমাৰ ছোৱালী বা আমাৰ ল'ৰাৰ অনিষ্ট নকৰিবা" বুলি মৃত্যুৰ দেৱতাক প্ৰাৰ্থনা কৰে, আৰু মৃত শিশুটোক কোমল ঊণ সূতাৰ দৰে আঁকোৱালি ৰাখিবলৈ, সুৰক্ষা দিবলৈ পৃথিৱীক অনুৰোধ কৰে। ৰীতি-নীতি শেষকৃত্য সাধাৰণতে মৃত্যুৰ এদিনৰ ভিতৰতে সম্পূৰ্ণ কৰা হয়। যদিও প্ৰথাবোৰ সম্প্ৰদায় সমূহৰ মাজত পৃথক পৃথক, সাধাৰণ নিয়ম অনুসৰি, মৃতকৰ শৰীৰটো ধোৱা হয় আৰু যদি মৃতব্যক্তি এজন পুৰুষ বা বিধৱা, তেন্তে শৱটো বগা কাপোৰৰে মেৰিয়াই দিয়া হয় আৰু স্বামী জীয়াই থকা মহিলাৰ ক্ষেত্ৰত ৰঙা কাপোৰ ব্যৱহাৰ কৰা হয়, ভৰিৰ বুঢ়া আঙুলি দুটা একেলগে এডাল সূতাৰে বান্ধি দিয়া হয় আৰু কপালত ফোঁট (ৰঙা, হালধীয়া বা বগা চিহ্ন) দিয়া হয়। মৃত প্ৰাপ্তবয়স্ক লোকৰ শৰীৰটো পৰিয়াল আৰু বন্ধুবৰ্গৰ দ্বাৰা নদী বা পানীৰ ওচৰৰ শ্মশানলৈ লৈ যোৱা হয়, আৰু দক্ষিণফালে মুখ কৰি থকা চিতা এখনত ৰখা হয়। সাধাৰণতে মৃতকৰ জ্যেষ্ঠ পুত্ৰ, বা পুৰুষ শোকপ্ৰকাশকাৰী, বা পুৰোহিত জনক- মুখ্য ব্যক্তি হিচাপে ধৰা হয়, মুখাগ্নি কৰাৰ পূৰ্বে তেওঁ স্নান কৰে। তেওঁ চিতা খনত শুৱাই দিয়া মৃতকৰ চাৰিওফালে ঘূৰি স্তুতি বা মন্ত্ৰ উচ্চাৰণ কৰে, মৃত ব্যক্তিজনৰ মুখত তিল বা চাউল ৰাখে, শৰীৰ আৰু চিতাত ঘিঁউ ছটিয়াই দিয়ে, তাৰ পিছত তিনিডাল ৰেখা অংকন কৰা হয় যি যম (মৃতকৰ দেৱতা), কাল (সময়, শ্মশানৰ দেৱতা) আৰু মৃতকক সূচায়। চিতা জ্বলোৱাৰ আগতে, মাটিৰ পাত্ৰ এটা পানীৰে ভৰ্তি কৰা হয়, আৰু মুখ্য শোকপ্ৰকাশকাৰীয়ে পাত্ৰটো কান্ধত লৈ চিতাৰ চাৰিওফালে ঘূৰি শৱটোৰ মূৰৰ ফালে পাত্ৰটো মাটিত পেলাই ভাঙে। চিতা জ্বলাৰ পিছত, মুখ্য শোকপ্ৰকাশকাৰী আৰু নিকটতম আত্মীয়সকলে জ্বলি থকা চিতাখন একাধিকবাৰ পৰিক্ৰমা কৰিব লাগে। জ্বলি থকা চিতাখন বাঁহৰে খুঁচিদি আত্মাৰ মুক্তি কামনা কৰা হয়। যিসকল শ্মশানত উপস্থিত থাকে, আৰু মৃতদেহ বা শ্মশানৰ ধোঁৱাৰ সংস্পৰ্শলৈ আহে তেওঁলোকে সৎকাৰৰ পিছত যিমান সম্ভৱ সোনকালে গা ধোৱাৰ নিয়ম, কিয়নো শ্মশানৰ ৰীতি-নীতিক অশুচি আৰু প্ৰদূষিত বুলি গণ্য কৰা হয়। শ্মশানৰ পৰা সংগ্ৰহ কৰা ঠাণ্ডা ছাই পিছত নিকটতম নদী বা সাগৰত উটুৱাই দিয়া হয়। কিছুমান অঞ্চলত, মৃতকৰ পুৰুষ আত্মীয়সকলে মুণ্ডন কৰে আৰু দশম বা দ্বাদশ দিনত সকলো বন্ধু আৰু আত্মীয়ক মৃতকৰ স্মৰণত একেলগে সাধাৰণ আহাৰ খাবলৈ আমন্ত্ৰণ জনায়। এই দিনটোত, কিছুমান সম্প্ৰদায়ত, মগনীয়াৰ, দৰিদ্ৰ লোকসকলক মৃতকৰ স্মৃতিত খাদ্য দান কৰা হয়। শ্মশান মৃতকৰ সৎকাৰ কৰা স্থানক শ্মশান (সংস্কৃতত) বুলি কোৱা হয় আৰু পৰম্পৰাগতভাৱে ই নদীৰ ওচৰত অৱস্থিত। অৱশ্যে বসতি অঞ্চলৰ পৰা দূৰৈৰ যিকোনো স্থানতে শ্মশান থাকিব পাৰে। মৃতকৰ পৰিয়ালে আত্মীয়ৰ চিতা ভস্ম পানীত বিসৰ্জনৰ এক ৰীতি সম্পূৰ্ণ কৰিবলৈ অশোকষ্টমী উপলক্ষে কাশী (বাৰাণসী), হৰিদ্বাৰ, প্ৰয়াগৰাজ (এলাহাবাদ বুলিও জনা যায়), শ্ৰীৰঙ্গম, ব্ৰহ্মপুত্ৰৰ দৰে বিশেষ পৱিত্ৰ স্থানলৈ যায় আৰু অস্তি বিসৰ্জন কৰে। আধুনিক পদ্ধতি হিন্দুৰ শৱদাহৰ ক্ষেত্ৰত বাঁহ কাঠৰ চিতাজুই আৰু বৈদ্যুতিক পদ্ধতি দুয়োটাই ব্যৱহাৰ কৰা হয়। বিদ্যুতিক পদ্ধতিৰ ক্ষেত্ৰত, মৃত শৰীৰটো বৈদ্যুতিক চেম্বাৰৰ ভিতৰত ভৰাই জ্বলোৱা হয়। দাহনৰ পিছত শোকপ্ৰকাশকাৰী সকলে ভস্ম সংগ্ৰহ কৰি নদী বা সাগৰ আদিত উটুৱাই দিয়ে। তথ্যউৎস লগতে চাওক অন্নপ্ৰাসন উপনয়ন চূড়াকৰণ বিবাহ হিন্দু ধৰ্মীয়
56940
https://as.wikipedia.org/wiki/%E0%A6%A7%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A6%A3
ধৰ্ষণ
ধৰ্ষণ বা কাৰ এক ধৰণৰ যৌন আক্ৰমণ। সাধাৰণতে, এজন ব্যক্তিৰ অনুমতি ব্যতিত তাৰ লগত যৌনসঙ্গম বা অইন কোনো ধৰণৰ যৌন অনুপ্ৰৱেশ ঘটনাক ধৰ্ষণ বুলি কোৱা হয়। ধৰ্ষণ শাৰীৰিক বলপ্ৰয়োগ, অন্যায় ভাবে চাপ প্ৰদানৰ দ্বাৰা অপব্যৱহাৰৰ মাধ্যমত সংঘটিত হ'ব পাৰে। অনুমতি প্ৰদানত অক্ষম (যেনে- কোনো অজ্ঞান, বিকলাঙ্গ, মানসিক প্ৰতিবন্ধী তথা অপ্ৰাপ্তবয়স্ক ব্যক্তি) কোনো ব্যক্তিৰ লগত যৌনমিলনত লিপ্ত হোৱাটো ধৰ্ষণৰ অন্তৰ্ভুক্ত। ধৰ্ষণ শব্দটোৰ প্ৰতিশব্দ হিচাপে কেতিয়াবা কেতিয়াবা 'যৌন আক্ৰমণ' শব্দটোও ব্যৱহৃত হয়। ধৰ্ষণৰ অভিযোগ, বিচাৰ আৰু শাস্তিপ্ৰদান বিভিন্ন শাসনব্যৱস্থাত বিভিন্ন ধৰণৰ। আন্তৰ্জাতিকভাবে, ২০০৮ চনত পুলিচৰ দ্বাৰা লিপিবদ্ধ ধৰ্ষণৰ হাৰ আছিল আজাৰবাইজানত প্ৰতি লাখত ০.২ আৰু বাতচোৱানাত প্ৰতি লাখত ৯২.৯। গোটেই বিশ্বত প্ৰধানতঃ পুৰুষৰ দ্বাৰা ধৰ্ষণ সংঘটিত হয়। অপৰিচিত ব্যক্তিৰ দ্বাৰা ধৰ্ষণৰ ঘটনাতকৈ পৰিচিত ব্যক্তিৰ দ্বাৰা ধৰ্ষণৰ ঘটনাৰ সংখ্যা বহু বেছি, আৰু কাৰাগাৰত পুৰুষৰ দ্বাৰা পুৰুষ তথা নাৰীৰ দ্বাৰা নাৰী ধৰ্ষণৰ ঘটনাও সাধাৰণ, কিন্তু এই ধৰণৰ ধৰ্ষণ সম্ভৱতঃ সকলোতকৈ কম আলোচিত ধৰ্ষণবিলাকৰ অন্তৰ্ভুক্ত। আন্তৰ্জাতিক সংঘাত বা যুদ্ধৰ সময়তো নিয়মতান্ত্ৰিকভাবে তথা ব্যাপক হাৰত ধৰ্ষণ (যুদ্ধকালীন যৌন সহিংসতা আৰু যৌন দাসত্ত্ব) ঘটিব পাৰে। এনে ধৰণৰ ঘটনাক মানৱতা বিৰুদ্ধ অপৰাধ তথা যুদ্ধাপৰাধ হিচাপে চিহ্নিত কৰা হৈছে। ধৰ্ষণ গণহত্যাৰ এটি উপাদান হিচাপেও স্বীকৃত। ধৰ্ষণৰ চিকাৰ হোৱা ব্যক্তিসকল মানসিকভাবে আঘাতপ্ৰাপ্ত হ'ব পাৰে আৰু আঘাত-পৰৱৰ্তী চাপ দুৰ্বলতাত আক্ৰান্ত হ'ব পাৰে। ইয়াৰ উপৰিও ধৰ্ষণৰ ফলত গৰ্ভধাৰণ আৰু যৌন সংক্ৰামক ৰোগত আক্ৰান্ত হোৱাৰ লগতে গুৰুতৰভাবে আহত হোৱাৰো সম্ভাৱনা থাকে। তদুপৰি, ধৰ্ষণৰ চিকাৰ হোৱা ব্যক্তি ধৰ্ষকৰ দ্বাৰা, আৰু কোনো কোনো সমাজত ভুক্তভোগীৰ নিজ পৰিয়াল বা আত্মীয় স্বজনৰ দ্বাৰা হিংস্ৰতাৰ চিকাৰ হ'ব পাৰে। সংজ্ঞা সাধাৰণ সংজ্ঞা অধিকাংশ বিচাৰব্যৱস্থাত ধৰ্ষণ মানে কোনো ব্যক্তিৰ দ্বাৰা অইন কোনো ব্যক্তিৰ অনুমতি নোহোৱাকৈ তাৰ লগত যৌনসঙ্গমত লিপ্ত হোৱা বা বেলেগ কোনোভাবে তেওঁৰ দেহত যৌন অনুপ্ৰৱেশ ঘটোৱাক বুজায়। চৰকাৰি স্বাস্থ্য সংস্থা, আইন-শৃঙ্খলা ৰক্ষাকাৰী সংস্থা, স্বাস্থ্যকৰ্মী আৰু আইনবিদ সকলৰ মাজত ধৰ্ষণৰ সংজ্ঞা লৈ বিতৰ্ক আছে। ভিন্ন ভিন্ন ঐতিহাসিক যুগ তথা ভিন্ন ভিন্ন সংস্কৃতিতো ধৰ্ষণৰ সংজ্ঞাৰ ক্ষেত্ৰত ভিন্নতা দেখা দিয়ে। সময়ৰ লগত ধৰ্ষণৰ সংজ্ঞাৰো পৰিবৰ্তন ঘটিছে। ১৯৭৯ চনৰ আগত আমেৰিকা যুক্তৰাষ্ট্ৰত কোনো পুৰুষক তেওঁৰ স্ত্ৰীক ধৰ্ষণ কৰাৰ বাবে অভিযোগ কৰিব পৰা নাছিল। ১৯৫০-ৰ দশকত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছুমান ৰাজ্যত কোনো বগা নাৰী নিজৰ ইচ্ছাত কোনো কলা ব্যক্তিৰ লগত যৌনসঙ্গমত লিপ্ত হলেও সেয়া 'ধৰ্ষণ' বুলি বিবেচনা কৰা হৈছিল। ২০১২ চনৰ আগলৈকে যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেচন (এফবিআই) ধৰ্ষণক কেৱল নাৰীসকলোৰ বিৰুদ্ধে পুৰুষসকলোৰ দ্বাৰা সংঘটিত এটি অপৰাধ হিচাপে বিবেচনা কৰিছিল। ২০১২ চনত সিহঁতে ধৰ্ষণৰ সংজ্ঞা হিচাপে "কোনো নাৰীৰ ইচ্ছাৰ বিৰুদ্ধে বলপূৰ্বক তাইৰ লগত যৌনসঙ্গম"-ৰ পৰিৱৰ্তত "ভুক্তভোগীৰ অনুমতি নোহোৱাকৈ যোনি বা পায়ুত শৰীৰৰ কোনো অংশ বা কোনো বস্তুৰ দ্বাৰা অনুপ্ৰৱেশ বা অইন কোনো ব্যক্তিৰ যৌনাঙ্গৰ দ্বাৰা মুখত অনুপ্ৰৱেশ"-ক গ্ৰহণ কৰে। পূৰ্বৱৰ্তী সংজ্ঞাটো ১৯২৭ চনৰ পৰা অপৰিবৰ্তিত আছিল আৰু ইয়াক পুৰণি তথা সংকীৰ্ণ হিচাপে বিবেচনা কৰা হৈছিল। নতুন সংজ্ঞাটো গ্ৰহণ কৰি লয় যে, নাৰী তথা পুৰুষ উভয়ে ধৰ্ষক বা ধৰ্ষিত হব পাৰে, আৰু কোনো বস্তুৰ দ্বাৰা ধৰ্ষণও ভুক্তভোগীৰ বাবে যোনিপথ/পায়ুপথত ধৰ্ষণৰ নিচিনাই কষ্টদায়ক হব পাৰে। এফবিআই আৰু গ্ৰহণ কৰে যে, ভুক্তভোগী মানসিক বা শাৰীৰিক অক্ষমতাৰ কাৰণত অনুমতি প্ৰদানত অক্ষম হব পাৰে, বা ভুক্তভোগীক মাদকদ্ৰব্যৰ দ্বাৰা অচেতনো কৰা হৈ থাকিব পাৰে। এফবিআই দ্বাৰা এই সংজ্ঞাটো গ্ৰহণ যুক্তৰাষ্ট্ৰৰ ফেডাৰেল বা ৰাজ্য ফৌজদাৰি আইনৰ কোনো পৰিৱৰ্তন ঘটোৱা নাই বা বিচাৰব্যৱস্থাতো কোনো প্ৰভাৱ পৰা নাই, বৰং ইয়াৰ উদ্দেশ্য আছিল গোটেই দেশত যেন সঠিকভাবে ধৰ্ষণৰ অভিযোগ আহে। কিছুমান দেশ বা বিচাৰব্যৱস্থা ধৰ্ষণ তথা যৌন আক্ৰমণকক পৃথক হিচাপে চিহ্নিত কৰিছিল। সিহঁত সাধাৰণত কেৱল যোনিত লিংগ অনুপ্ৰৱেশ বা কেৱল লিঙ্গৰ মাধ্যমত অনুপ্ৰৱেশকক ধৰ্ষণ হিচাপে আৰু অন্যান্য ধৰণৰ অনৈচ্ছিক যৌনক্ৰিয়াক যৌন আক্ৰমণ হিচাপে চিহ্নিত কৰিছিল। উদাহৰণস্বৰূপ, স্কটল্যাণ্ড কেৱল লিঙ্গৰ দ্বাৰা সংঘটিত যৌন অনুপ্ৰৱেশকক ধৰ্ষণ হিচাপে চিহ্নিত কৰিছিল। ১৯৯৮ চনত ৰুৱাণ্ডাৰ বাবে গঠিত 'আন্তৰ্জাতিক অপৰাধ ট্ৰিবিউনেল' ধৰ্ষণক "চাপ প্ৰদানৰ মাধ্যমত কোনো ব্যক্তিৰ ওপৰ সংঘটিত যৌন প্ৰকৃতিৰ শাৰীৰিক আক্ৰমণ" হিচাপে সংজ্ঞায়িত কৰিছিল। কোনো কোনো ক্ষেত্ৰত বিচাৰব্যৱস্থাত 'ধৰ্ষণ' শব্দটো ব্যৱহাৰ নকৰি 'যৌন আক্ৰমণ' বা 'অপৰাধমূলক যৌন আচৰণ' শব্দবিলাক ব্যৱহাৰ কৰা হৈছিল। পৰিসৰ যি কোনো লিংগ, বয়স, জাতি, সংস্কৃতি বা ধৰ্মৰ ব্যক্তি ধৰ্ষণৰ চিকাৰ হব পাৰে। ধৰ্ষণক ভালেমান কিছুমান ধৰণৰ ভাগ কৰা হয়, যেনে:- গণধৰ্ষণ, বৈবাহিক ধৰ্ষণ, অজাচাৰ ধৰ্ষণ, শিশু ধৰ্ষণ, কাৰাগাৰত ধৰ্ষণ আৰু যুদ্ধকালীন ধৰ্ষণ। দীৰ্ঘদিন ধৰি কোনো ধৰণৰ শাৰীৰিক ক্ষতিৰ চিকাৰ নহৈ কোনো ব্যক্তি ধৰ্ষণৰ চিকাৰ হব পাৰে। ধৰ্ষণৰ প্ৰকাৰভেদ ধৰ্ষণ বা ধৰৰ্ষকক বিভিন্নভাবে শ্ৰেণীবদ্ধ কৰা যায়। যেনে:- ঠিক কোনো পৰিস্থিতিত সেয়া হৈছে, বা যিয়ে চিকাৰ (নিৰ্যাতিত)- তাৰ বৈশিষ্ট্য কি আছিল, যিয়ে অপৰাধী তেওঁৰ পৰিচয় বা বৈশিষ্ট্য কি, এই সকলোবোৰ ওপৰত ধৰ্ষণৰ নানাবিধ শ্ৰেণীবিন্যাস কৰা হয়। এই যি ধৰ্ষণৰ নানা শ্ৰেণী, ইয়াকে কোৱা হৈছে ধৰ্ষণৰ প্ৰকাৰভেদ বা ধৰণ। তলত উল্লেখ কৰা শ্ৰেনীবিভাগ কেৱলমাত্ৰ এটা ধৰ্ষণৰ বাবে প্ৰযোজ্য হব, এনে নহয়। বৰং এটা ধৰ্ষণ একেলগে শিশু ধৰ্ষণ, দলবদ্ধ ধৰ্ষণ, কাৰাগাত ধৰ্ষণ আৰু অধীনকালীন ধৰ্ষণও অন্তৰ্ভুক্ত হব পাৰে। ডেট ধৰ্ষণ ডেট ধৰ্ষণ হৈছে এনে এক ধৰণৰ ধৰ্ষণ, যত ধৰ্ষিতা অপৰাধীক আগৰ পৰাই পৰিচিত বা এই ধৰ্ষণ সাধাৰণত নিজ গৃহত নহয়। ডেটিং ধৰ্ষণ দুই প্ৰকাৰ, (ইয়াত এজনে আনজনে চিনি পোৱা বা ইয়াত কোনো ড্ৰাগৰ ব্যৱহাৰ কৰা নহয়) আৰু আনটো হ'ল: যি ডেটিং ৰেপৰ নিচিনা আন এটা ধৰ্ষণ, যত চিকাৰক ধৰ্ষক ইচ্ছা কৰি ড্ৰাগ দি অচেতন বা তাইৰ শাৰীৰিক অৱস্থাৰ পৰিৱৰ্তন ঘটাই ধৰ্ষণ কৰে। এই ক্ষেত্ৰত ধৰ্ষিতা ধৰ্ষণৰ আগত সম্মতি দিয়াৰ পৰিস্থিতিত নাথাকে। সংগঠিত যি দুজন মানুহৰ মাজত, সিহঁত মুলত এজনে আনজনক চিনি পায়। সিহঁত নিজৰ কেৱল বন্ধু হিচাপে হয়তো সমাজত পৰিচয় দিয়ে, বা নিজৰ স্বামী-স্ত্ৰী হিচাপে পৰিচয় দিয়ে, এই সমস্যাটো পশ্চিমা সমাজ ব্যৱস্থাত ব্যাপকহাৰত বাঢ়িছে আৰু ইয়াক লুকায়িত ধৰ্ষণ হিচাপে বৰ্তমান উল্লেখ কৰা হয়। যুক্তৰাষ্ট্ৰৰ এটা কলেজত তদন্ত চলাই দেখিলে প্ৰতি চাৰিজন নাৰীৰ এজন হয় ধৰ্ষণৰ চিকাৰ অথবা সিহঁতৰ ওপৰত ধৰ্ষণৰ চেষ্টা চালোৱা হৈছে। এই ফলাফলটো এইটো পোৱা যায় কলেজত অৱস্থানৰত নাৰী শিক্ষাৰ্থীসকল ধৰ্ষণৰ চিকাৰ হোৱাৰ ব্যাপক সম্ভাৱনাত আছে। কলেজ বিলাকত ৰ বিধান দিয়া হৈছে। গণধৰ্ষণ কেইজনমান মিলি (ন্যূনতম তিনিজন) এজনৰ ওপৰত যদি ধৰ্ষণ কৰা হয়, তেন্তে তাক গণধৰ্ষণ বোলে। এইটো প্ৰায় সমগ্ৰ বিশ্বতে দেখিবলৈ পোৱা যায়। এটা পৰিসংখ্যান কৈছে, এই ধৰণৰ ধৰ্ষণত যিহঁত জড়িত থাকে, সিহঁত প্ৰায় সকলোৱে যুৱক বয়সৰ আৰু প্ৰায় সকলোৱে নিৱনুৱা। গণধৰ্ষণত সাধাৰণত মাদক ব্যৱহাৰ কৰা হয়, সাধাৰণত ৰাতিৰ সময়ত কৰা হয়, আৰু যৌন নিৰ্যাতন একক ধৰ্ষণৰ তুলনাত গণধৰ্ষণত তীব্ৰ হয়। আন এটা গৱেষণাত কোৱা হৈছে, গণধৰ্ষণ একক ধৰ্ষণৰ তুলনাযত বহু বেছি হিংস্ৰ হয়, আৰু ধৰ্ষিতা এককৰ তুলনাত প্ৰতিৰোধ বেছি কৰিব বিচাৰে। দেখিব পোৱা যায়, ধৰ্ষিতা আত্মহত্যাৰ মনস্থিৰ কৰে, পুলিচৰ সাহায্য কামনা তুলনামূলকভাবে বেছি কৰে আৰু তাইৰ চিকিৎসাৰো প্ৰয়োজন বেছি হয়। কিন্তু দুই গবেষণাত কোৱা হৈছে, যিহঁত দলীয়ভাবে ধৰ্ষণ কৰে, সিহঁতৰ মদ্যপান বা মাদকদ্ৰব্য গ্ৰহণৰ পৰিৰাণ মাত্ৰাতিৰিক্ত থাকে। বৈবাহিক ধৰ্ষণ ইয়াক বৈবাহিক ধৰ্ষণ হিচাপে, স্ত্ৰী ধৰ্ষণ হিচাপে, স্বামীৰ ধৰ্ষণ হিচাপে, পাৰ্টনাৰৰ ধৰ্ষণ হিচাপে অথবা অন্তৰঙ্গ সঙ্গীৰ যৌন আক্ৰমণ হিচাপে জনা যায়। গবেষক সকলে দেখাইছে যে, অপৰিচিত মানুহৰ দ্বাৰা বলাৎকাৰতকৈ স্বামী/পাৰ্টনাৰৰ দ্বাৰা বলাৎকাৰ হলে মানসিক ভাবে ক্ষতিৰ পৰিমাণ (মানসিক ভাবে বিপৰ্যস্ত/ স্নায়ুৰোগ) বহু বেছি সময় থাকে। শিশু ধৰ্ষণ শিশুৰ ধৰ্ষণ শিশুৰ যৌন নিৰ্যাতনৰ এটা অংশ। যদি কোনো শিশুৰ দ্বাৰা (সচৰাচৰ দেখা যায়, বয়সত ডাঙৰ অথবা নিৰ্যাতিতৰ তুলনাত শক্তিশালী) অথবা কিশোৰ দ্বাৰা কামটো কৰা হয়, তেনেহলে ইয়াক কোৱা হয় শিশুৰ প্ৰতি শিশুৰ যৌন নিৰ্যাতন। যদি পিতা-মাতা, খুৰা, খুৰী অথবা ককা দ্বাৰা এনে ঘিণ লগা কামটো কৰা হয়, তেন্তে ইয়াক কোৱা হয় অজাচাৰ আৰু দেখা গৈছে ইয়াৰ ফলত নিৰ্যাতিত শিশু মনস্ত্বাত্তিক সমস্যাৰ মাজত পৰি যায়। যদি কোনো শিশু তাৰ পাৰিবাৰিক সদস্য নহয়, কিন্তু এনে কোনোবাৰ দ্বাৰা ধৰ্ষিত হয়, যাৰ প্ৰতি তাই নিৰ্ভৰ কৰে, যেনে লক্ষ্য ৰাখে এনেধৰণৰ বণুৱা, স্কুল শিক্ষক, ধৰ্ম শিক্ষক, চিকিৎসক তেনেহলেও শিশুৰ মানসিক স্বাস্থ্য অযাচাৰ বৃত্তিৰ নিচিনাই সমস্যাত পৰিব। সংবিধিবদ্ধ ধৰ্ষণ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ, "তৰুণ জনগোষ্ঠী" ক যৌননিগ্ৰহৰ পৰা ৰক্ষা কৰাৰ বাবে বিভিন্ন সময় প্ৰচাৰ-প্ৰচাৰণা চলায়। এটা ধাৰণা সকলোসময় প্ৰচলিত যে, যিসিকল নিৰ্দষ্ট বয়স সীমাৰ তলত, সিহঁতৰ যৌন সঙ্গমৰ সম্মতি দিয়াৰ সক্ষমতা নাই (ইনম্যাচিউৰ্ড)। যি বয়সত ব্যক্তি সম্মতি দিবলৈ সক্ষম, সেই বয়সক কোৱা হয় সম্মতি দানৰ বয়সসীমা। বিভিন্ন ৰাষ্ট্ৰ বা অঞ্চলভেদে এই বয়সৰ পাৰ্থক্য আছে। যুক্তৰাষ্ট্ৰত এই বয়সৰ সীমা ১৬ ৰ পৰা ১৮ বছৰ। যুক্তৰাষ্ট্ৰৰ আইন অনুযায়ী, কোনোৱাই যদি নিৰ্দিষ্ট বয়স হোৱাৰ আগত বলপ্ৰয়োগ কৰি যৌনকৰ্ম কৰে, তেনেহলে সেয়া বয়সসীমাৰ আইনক উলঙ্ঘন কৰা আৰু ইয়াক কোৱা হব "সংবিধিবদ্ধ ধৰ্ষণ। কিন্তু, অনেক ৰাষ্ট্ৰ, বয়সসীমা লঙ্ঘন কৰি যৌনকৰ্ম কৰাৰ (বেছিভাগ ক্ষেত্ৰত বিবাহ) অনুমতি দিয়ে, যদি উভয়ৰ মাজত বয়সৰ পাৰ্থক্য কম হয়। এই বিষয়টোক কোৱা হয় 'ওচৰা-ওচৰি বয়স হলে অব্যাহতি' অথবা ৰোমিও জুলিয়েট অব্যাহতি। কাৰাগাৰত ধৰ্ষণ যুক্তৰাষ্ট্ৰৰ ৰিপোৰ্ট অনুসৰি সিহঁতৰ কাৰাগাৰত ধৰ্ষণৰ শতকৰা পৰিমাণ ৩ ৰ পৰা ১২ শতাংশ লৈ লক্ষ্য কৰা গৈছে। যদিও কাৰাগাৰত যি ধৰ্ষণ হয়, সেয়া সমলিঙ্গৰ মানুহৰ মাজত বেছি দেখা যায়। (কাৰণ, কাৰাগাৰত পুৰুষ আৰু নাৰীক নিশ্চয় বিভাজন কৰি ৰখা হয়) তথাপি সিহঁতক সমকামী কোৱা নাযাব। এই বিষয়টো পশ্চিমা বিশ্বৰ। এইটো আংশিকভাবে এই কাৰণত যে, যুক্তৰাষ্ট্ৰৰ কাৰাগাৰ যি গঠন, সেয়া কানাডা, অষ্ট্ৰেলিয়া আৰু ইউৰোপতকৈ বেলেগ। যিহঁত আক্ৰমণকাৰী (ধৰ্ষক) হয়, সিহঁত সাধাৰণত দেখা যায় কাৰাগাৰৰ অইন কক্ষৰ বাসিন্দা। ধাৰাবাহিক ধৰ্ষণ এজন ব্যক্তিৰ দ্বাৰা ক্ৰমানুযায়ী যি ধৰ্ষণ হয়, সেয়া তুলনামুলকভাৱে বহু বেচি সময় ধৰি চলি থাকে, আৰু তেওঁৰ চিকাৰৰ সংখ্যাও বাঢ়ি যাবলৈ ধৰে। এনেকুঁৱা ধৰ্ষণক ধাৰাবাহিক ধৰ্ষণ বুলি কোৱা হয়। বেছিভাগ সময় এই ধৰণৰ চিৰিয়াল (ধাৰাবাহিক) ধৰ্ষকসকল, যিহঁতক ধৰ্ষণ কৰি থাকে, সিহঁতক চিনি নাপায়। সিহঁত সিহঁতৰ চিকাৰক নিজৰ জালত পেলাই যৌন নিৰ্যাতন কৰাৰ বাবে সুনিৰ্দিষ্ট পন্থা অনুসৰণ কৰি। পৰিশোধকৃত ধৰ্ষণ “‘পৰিশোধকৃত ধৰ্ষণ”' কে "শাস্তিমুলক ধৰ্ষণ" অথবা "প্ৰতিশোধকৃত ধৰ্ষণ" হিচাপে কোৱা যাব পাৰে। এটা সুনিৰ্দিষ্ট সংস্কৃতি বিশেষ কৰি প্যাচিফিক দ্বীপেত এইটো দেখা যায়। কোনোবাই যদি কোনো পৰিবায়ালৰ পুৰুষসকলোৰ প্ৰতি প্ৰতিশোধপৰায়ণ থাকে, তেনেহ'লে এইক্ষেত্ৰত কেইজনমান পুৰুষ মিলিত হৈ সেই পৰিয়ালৰ নাৰীক ধৰ্ষণ কৰা হয়। যাৰ ফলত নিৰ্যাতিতাৰ দেউতা অথবা ভায়েকৰ প্ৰতি প্ৰতিশোধ লোৱা হৈছে বুলি ধৰা হয়। দুষ্কৰ্মকাৰীসকলোৰ লগত আগত কেতিয়াবা বেয়া আচৰণ কৰিলে পৰিয়ালৰ নাৰী সদস্যসকলোক ধৰ্ষণ কৰে, ধৰ্ষিতাৰ পিতা অথবা ভায়েক সমাজৰ চকুত সৰু কৰা হয়। উপজাতীসকোলৰ মাজত যুদ্ধ হ'লে প্ৰতিশোধ লবলৈও বহুসময়ত এনে ঘিণ লগা কামটো কৰা হয়। যুদ্ধকালীন ধৰ্ষণ যুদ্ধত ধৰ্ষণ হৈছে এনে একপ্ৰকাৰ ধৰ্ষণ যত শাৰীৰিক ভাবে যুদ্ধ কালীন সময়ত বিজয়ী সৈনিক, যোদ্ধা অথবা সাধাৰণ নাগৰিক দ্বাৰা পৰাজিত শিবিৰ মহিলাসকলক ধৰ্ষণ কৰা হয়। ইয়াত নাৰী অথবা বালিকাক; জোৰপূৰ্বক বা যৌন দাসত্ত্বত বাধ্য কৰোৱা হয়। যুদ্ধৰ সময়ত ধৰ্ষণ এটা স্নায়ুবিক যুদ্ধ হিচাপে পৰিগণিত হয়। এটা শত্ৰুপক্ষক হতাশাত নিয়জিত কৰাৰ হীন কৌশল মাত্ৰ। আনকি মিলিটাৰীৰ যিয়ে প্ৰধান থাকে, সিয়ো শত্ৰুপক্ষৰ সাধাৰণ নাগৰিকসকলোক ধৰ্ষণ কৰিবলৈ তেওঁৰ সৈনিকসকলোক উৎসাহিত কৰে। চিষ্টিমিক ধৰ্ষণ ৰ এটা অংশ। যুদ্ধকালীন ধৰ্ষণ ১৯৪৯ চনৰ পৰা যুদ্ধাপৰাধ হিচাপে বিবেচিত। ফোৰ্থ জেনেভা কনভেনচনৰ ২৭ নং অনুচ্ছেদ অনুযায়ী, যুদ্ধকালীন ধৰ্ষণ আৰু বলপুৰ্বক বেশ্যাবৃত্তি, সম্পূৰ্ণভাবে নিষিদ্ধ। ১৯৭৭ চনত জেনেভা কনভেনচনৰ ১৯৪৯ চনৰ এই নিষেধাজ্ঞা ত প্ৰৱেশ কৰা হয়। যুদ্ধৰ পিছত আৰু ত যি গণধৰ্ষণ ঘটিছে, তাক যুদ্ধাপৰাধ হিচাপে গণ্য কৰা হোৱা নাই। ১৯৯৮ চনত যুক্তৰাজ্যৰ এটা কালজয়ী সিদ্ধান্ত লয়। যত কোৱা হয় আন্তৰ্জাতিক আইন অনুযায়ী ধৰ্ষণ গণহত্যাৰ ন্যায় এটা অপৰাধ। তেওঁৰ মতেঃ- "আৱহমানকাল ধৰি, ধৰ্ষণ যুদ্ধৰ যেন এক আনুসঙ্গিক অঙ্গত পৰিণত হৈছে। কিন্তু এতিয়া ইয়াক বিবেচনা কৰা হব যুদ্ধাপৰাধ হিচাপে। আমি কঠোৰভাবে সকলোকে এই বাৰ্তা দিব বিচাৰো যে, ধৰ্ষণ কোনোভাৱে যুদ্ধৰ পুৰস্কাৰ হব নোৱাৰে। এই "ধৰ্ষণ" শব্দটো ১৫ শতকত কেৱলমাত্ৰ যৌন নিৰ্যাতন অৰ্থেত ব্যৱহৃত হৈছিল। কিন্তু আধুনিক যুগৰ আগলৈকে অপহৰণ আৰু ডকাইতি হিচাপে এই শব্দৰ ব্যৱহাৰ হৈছিল। যাৰ মাজত কোনো যৌনআক্ৰমণ বিষয় নাই, আধুনিক যুগৰ আগলৈকে। বহু উচ্চমানৰ সাহিত্যত, যুদ্ধকালীন ধৰ্ষণক ধৰ্ষণ হিচাপে পোনে পোনে উল্লেখ কৰা হোৱা নাই। বৰং সিহঁত যুদ্ধকালীন ধৰ্ষণ বুলি শত্ৰুৰ সম্পদ বা নাৰী অপহৰণক বুজাইছে। প্ৰতাৰণাৰ দ্বাৰা ধৰ্ষণ প্ৰতাৰণাৰ দ্বাৰা ধৰ্ষণ বুলি বুজায়, যদি প্ৰতাৰণাৰ মাধ্যমত (মিছাঁ কথা কৈ) চিকাৰৰ (ভিক্টিমৰ) সম্মতি আদায় কৰি উভয়ে যৌন মিলন হয় তাক। এটা মামলাৰ ক্ষেত্ৰত দেখা গৈছে, এজন ব্যক্তি চৰকাৰী আমলা বা উচ্চ পদক ব্যক্তি বুলি নিজকে মিছাঁ দাবী কৰি, মহিলাক যৌন মিলনত বাধ্য (প্ৰেচাৰ দিয়া) কৰি থাকে, তেওঁৰ কথা নুশুনিলে, তেওঁ তেওঁৰ নিজৰ ক্ষমতাবলে (চৰকাৰি ক্ষমতা) মহিলাৰ ক্ষতি কৰাৰ ভয় দেখুৱাই। আদালত, এই ঘটনাটোক 'লোকজনৰ মিথ্যাচাৰৰ মাধ্যমত নিজকে উপস্থাপন কৰিছে বুলি', পৰ্যবেক্ষণত কোৱা হয়। আদালত মানুহজনক- প্ৰতাৰণাৰ মাধ্যমত মহিলাক ধৰ্ষণ কৰিছে বুলি, দোষী সাব্যস্ত কৰে। সংশোধনী ধৰ্ষণ সংশোধনী ধৰ্ষণ মূলত লৈঙ্গিক ভূমিকাক লঙ্ঘন কৰাৰ শাস্তিস্বৰূপ সমকামীসকলোৰ লক্ষ্য কৰি কোৱা হয়। এইটো এলজিবিটি মানুহসকলোৰ প্ৰতি বিশেষ কৰি লেচবিৱানসকলোৰ উদ্দেশ্যে এটা ঘৃণীয় অপৰাধ এইটো কৰি ধৰ্ষিতাক জোৰ কৰি বুজোৱাৰ চেষ্টা কৰোৱা হয়, জন্মগতভাবে তেওঁৰ যৌন অভিমুখিতা কি। সিহঁতৰ মনত যৌন অভিমুখিতা লৈ যি তথাকথিত বিভ্ৰান্তি ৰৈ আছে, তাক সংশোধন কৰাৰ বাবে ধৰ্ষণ কৰা হয় বুলি, ইয়াক সংশোধনী ধৰ্ষণ বোলে। দক্ষিণ আফ্ৰিকা ৰ বিখ্যাত ক্ৰীড়াবিদ ইউডি চিমেলেন ৰ ঘটনা জনসম্মুখত অহাৰ পিছতেই এই বিষয় সম্পৰ্কত বিশ্ব প্ৰথম জানিব পায়। হেফাজতগত ধৰ্ষণ হেফজতত ধৰ্ষণ বুলি মুলত বুজায়, কোনো প্ৰতিষ্ঠানৰ কৰ্মীৰ অধীনত থকাকালীন সময়ত (যেনে: হস্পিতাল কৰ্মী, পুলিচ, চৰকাৰি কৰ্মী) ধৰ্ষণ। কোনো প্ৰাতিষ্ঠানিক তত্ত্বাবধান কেন্দ্ৰ যেনেঃ- এতিমখানাত ধৰ্ষণকো হেফাজতকালীন ধৰ্ষণ হিচাপে ধৰা হয়। হেফাজতকালীন ধৰ্ষণৰ ৰিপোৰ্ট পোৱা যায় ভাৰত, পাকিস্থান, বাংলাদেশ, মালয়েছিয়া, শ্ৰীলংকা, ইৰান, কম্বোডিয়া, নাইজেৰিয়া, কেনিয়া, জাম্বিয়া আৰু যুক্তৰাষ্ট্ৰত। ভাৰতত হেফাজতকালীন ধৰ্ষণ নাৰী মানৱাধিকাৰ কৰ্মীসকলোৰ বাবে এক মূৰৰ কামুৰনিৰ বিষয়। সেয়া ১৯৮৩ চনৰ পিছত আইনত ধৰ্ষণৰ তালিকাভুক্ত হয়। ভাৰতীয় আইনত কোৱা হৈছে, এই ধৰণৰ ক্ষেত্ৰত অপৰাধীসকল নিজকে বচাবৰ আবে তেওঁৰ প্ৰতিষ্ঠানৰ পৰা সুবিধা পায়। হেফাজতকালীন ধৰ্ষণৰ এই প্ৰক্ৰিয়া সংগঠিত হব পাৰে কোনো প্ৰতিষ্ঠানৰ কৰ্মী, ঠিকাদাৰ, মহাজনৰ দ্বাৰা। কিন্তু ভাৰতীয় আইন অনুসৰি কোনো ধৰ্ষণক হেফাজতকালীন ধৰ্ষণ বুলিব বিচাৰিলে ধৰ্ষকক চৰকাৰি কৰ্মচাৰী হব লাগিব। এই ধৰণৰ হেফাজতকালীন ধৰ্ষণৰ চিকাৰ হয় সংখ্যালঘু সম্প্ৰদায়, দৰিদ্ৰ শ্ৰেণিৰ মানুহ, কৰ্ম হিচাপে নিম্ন শ্ৰেণীৰ মানুহসকল। গৱেষকসকল কৈছে, হেফাজত কালীন ধৰ্ষণ ব্যাপক অৰ্থত হেফাজতকালীন নিৰ্যাতন যেনেঃ- টৰ্চাৰ আৰু হত্যাৰ এটা অংশ। আইন-লঙ্ঘনকাৰীৰ প্ৰকাৰভেদ মুল নিবন্ধ ধৰ্ষকৰ ধৰণ ধৰ্ষকৰ লক্ষ্যেৰ ওপৰত নিৰ্ভৰ কৰে, তিনি প্ৰকাৰৰ ধৰ্ষণৰ বৰ্ণনা দিছে। যিটোৰ এটা হ'ল; ৰাগী ধৰ্ষক, এটা শক্তিধৰ ধৰ্ষক(অস্ত্ৰ বা বাহু দ্বাৰা বল প্ৰয়োগকাৰী) আৰু আনটো ধৰ্ষকামী ধৰ্ষক। ৰ কুইন বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানী হাওয়াৰ্ড বাৰবাৰ কৈছে, বেছিভাগ ক্ষেত্ৰত ধৰ্ষণত, ধৰ্ষকৰ আবেগপ্ৰবণতা আৰু সুবিধাবাদিতা দেখা যায়। যিসকল আবেগপ্ৰবণতা পৰা ধৰ্ষণ কৰে, সিহঁতৰ মাজত ধৰ্ষণ কৰাৰ সময়, ধৰ্ষিতাৰ প্ৰতিৰোধেৰ সময়, ক্ৰোধ প্ৰকাশ নকৰাৰ প্ৰবণতা দেখা যায়, আৰু সিহঁত বেচ অলপ বল প্ৰয়োগ কৰি তাইক বাধ্য কৰায়। অন্যান্য শ্ৰেণীবিভাগ ওপৰত যি উল্লেখ কৰা হৈছে, সেয়া ধৰ্ষণৰ একমাত্ৰ শ্ৰেণীবিন্যাস নহয়। নতুন নতুন গৱেষণা, মানুহৰ কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি ধৰ্ণৰ নতুন নতুন সংজ্ঞা আহিব পাৰে। কিছু ঘটনা হয়তো কেইটামান বিভাগত পৰিব পাৰে। আকৌ কিছুমান হয়তো কোনো বিভাগত পৰিব নোৱাৰে। আমেৰিকান গৱেষক প্যাটৰিচিয়া ৰোজ এটা উপশ্ৰেণিবিভাগ কৰিছে, সেয়া হৈছেঃ- বিনিময় ধৰ্ষণ পুৰুষসকলোৰ মাজত দৰকষাকষি বা সংহতি প্ৰকাশৰ ফলাফল হিচাপে যি ধৰ্ষণ সংঘটিত হয়। দণ্ডমুলক ধৰ্ষণ মুলত কোনোবাক শাস্তি দিয়াৰ বাবে এই ধৰ্ষণ সংগঠিত হয়। চৌৰ্যবৃত্তিমুলক ধৰ্ষণ নাৰী অথবা পুৰুষক অপহৰণ কৰি এই ধৰ্ষণ কৰা হয়, বেছিভাগ ক্ষেত্ৰত সিহঁতৰ যৌনদাসত্ত্বে অথবা দেহব্যৱসাযত বাধ্য কৰোৱা হয়। আনুষ্ঠানিক ধৰ্ষণ ধৰ্মীয় ৰীতিত ধৰ্ষণ কৰা হয় মৰ্যাদা ধৰ্ষণ সামাজিক পদমৰ্যাদা বা সামাজিক শ্ৰেণীৰ পাৰ্থক্যজনিত কাৰণত যি ধৰ্ষণ সংঘটিত হয়। কিছুমান ধৰ্ষণ বিভিন্ন শ্ৰেণিবিভাগত পৰিব পাৰে। (যেনে: যুদ্ধকালীন বন্দী অৱস্থাযত ধৰ্ষিত হ'লে সেয়া; যুদ্ধকালীন ধৰ্ষণ, হেফাজতকালীন ধৰ্ষণ, কাৰাগাৰৰ ধৰ্ষণ ইত্যাদি শ্ৰেণিবিভাগত পৰিব পাৰে) তথ্যসূত্ৰ
86912
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A7%81%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A6%BF%E0%A6%95%E0%A6%B2%20%E0%A6%85%E0%A6%9C%E0%A6%BF%E0%A6%A4%E0%A6%BE
কুন্নিকল অজিতা
কুন্নিকল অজিতা জন্ম: ১৯৫০) এগৰাকী প্ৰাক্তন ভাৰতীয় নক্সালবাদী যিয়ে ১৯৬০ চনত কেৰালাত নক্সালবাদী আন্দোলনত সক্ৰিয় অংশ লৈছিল যেতিয়া এই গোটটোৱে থালাছেৰী আৰু পুলপালী থানাত সশস্ত্ৰ অভিযান চলাই দুজন আৰক্ষীক হত্যা কৰিছিল। ইয়াৰ পিছত অজিতাক গ্ৰেপ্তাৰ কৰি বিচাৰ আৰু ৯ বছৰৰ কাৰাদণ্ড বিহা হয়। কাৰাদণ্ডৰ পিছত অজিতাই সশস্ত্ৰ সংগ্ৰাম আন্দোলনৰ পৰা বিচ্ছেদ ঘটায় আৰু বৰ্তমান কেৰেলাৰ সামাজিক পৰিৱেশত সক্ৰিয় উপস্থিতি থকা এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু সমাজ সংস্কাৰক। ১৯৯৩ চনত তেওঁ প্ৰতিষ্ঠা কৰা বেচৰকাৰী সংস্থা আনৱেছীয়ে এতিয়া কেৰেলা ত্ৰী বেধি (কেৰালা মহিলা মঞ্চ)ৰ গঠনকাৰী, নেচনেল মিছন ফৰ এম্পাৱাৰমেণ্ট অৱ উইমেনৰ সৈতে সমন্বয়ত মহিলাৰ অধিকাৰৰ বাবে কাম কৰে। অজিতাৰ প্ৰাক্তন সহকৰ্মী ইয়াকুবৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু এই দম্পতীৰ ক্লিণ্ট নামৰ এজন পুত্ৰ আৰু গাৰ্গী নামৰ এগৰাকী কন্যা আছে।তেওঁ এগৰাকী গোড়া নাস্তিক। প্ৰাৰম্ভিক বছৰবোৰ ১৯৫০ চনৰ এপ্ৰিল মাহত ভাৰতৰ কেৰেলাৰ কোঝিকোডত নক্সালবাদী আন্দোলনৰ সক্ৰিয় সমৰ্থক কুনিকল নাৰায়ণন আৰু মন্দাকিনীৰ ঘৰত কে অজিতাৰ জন্ম হয়। তেওঁৰ প্ৰাৰম্ভিক শিক্ষা কোজিকোড়ত হৈছিল। অজিতাই কলেজ পোৱাৰ সময়লৈকে সমাজৰ প্ৰতি মোহভংগ হৈ নক্সাল আন্দোলনৰ লগত জড়িত হ'বলৈ ধৰিলে। প্ৰি-ডিগ্ৰী পাঠ্যক্ৰম কৰি থাকোঁতে কলেজ এৰি তেওঁ এগৰাকী সক্ৰিয় নক্সালবাদী হৈ পৰিছিল। থালাছেৰী আৰু পুলপালী থানাত আক্ৰমণ ১৯৬০ চনৰ শেষৰ ফালে অজিতাই ৱায়ানাডৰ জনজাতীয় আৰু গাঁৱৰ মানুহৰ ওপৰত সামন্ত আৰু আৰক্ষীয়ে কৰা অত্যাচাৰৰ বিৰুদ্ধে কাম কৰা উগ্ৰপন্থী কৰ্মী আৰিক্কাড ভাৰ্গেছৰ সৈতে জড়িত হৈ পৰে। ১৯৬৮ চনত তেওঁলোকে এটা গোট গঠন কৰি অস্ত্ৰ তুলি লোৱাৰ সিদ্ধান্ত লয়। অজিতা আছিল এই গোটৰ একমাত্ৰ মহিলা সদস্য। ১৯৬৮ চনৰ ২২ নৱেম্বৰত অজিতাৰ পিতৃ কুন্নিকল নাৰায়ণৰ নেতৃত্বত প্ৰায় ৩০০ জনীয়া সশস্ত্ৰ গেৰিলাৰ এটা দলে অস্ত্ৰ চুৰিৰ লক্ষ্যৰে থালাছেৰী আৰক্ষী থানা আক্ৰমণ কৰাৰ বিফল চেষ্টা কৰে। ৪৮ ঘণ্টাৰ পাছত ১৯৬৮ চনৰ ২৪ নৱেম্বৰত ভাৰ্গেজৰ নেতৃত্বত আৰু থেট্টামালা কৃষ্ণকটি, কুৰিচিয়ান কুঞ্জিৰামন, কিষাণ থমমান, ফিলিপ এম প্ৰসাদ আৰু অজিতাৰে গঠিত এই গোটটোৱে পুলপালিত মালাবাৰ বিশেষ আৰক্ষী শিবিৰটোক লক্ষ্য কৰি ৭০০০ কৃষকক লৈ যায়। পুলপল্লী দেৱাস্বম কৰ্তৃপক্ষই উচ্ছেদৰ বিৰুদ্ধে আন্দোলন কৰে। এই সশস্ত্ৰ আক্ৰমণত ২ জন আৰক্ষী জোৱান, এজন বেতাঁৰ অপাৰেটৰ আৰু এজন চাব ইন্সপেক্টৰৰ মৃত্যু হয়। পিছলৈ এই গোটটোৱে স্থানীয় দুজন মালিকৰ খেতিপথাৰ আক্ৰমণ কৰি তাত মজুত কৰা খাদ্য শস্য আদিবাসীসকলক বিতৰণ কৰে। অভিযানৰ অন্তত উগ্ৰপন্থীয়ে ৱায়ানাডৰ ঘন অৰণ্যত প্ৰৱেশ কৰি আত্মগোপন কৰে। কিন্তু কেইদিনমান তীব্ৰ অনুসন্ধানৰ অন্তত তেওঁলোকক আৰক্ষীয়ে বন্দী কৰে। ভাৰ্গেজক ভুৱা এনকাউণ্টাৰত হত্যা কৰা হৈছিল। গোটটোৰ এজন নেতা কিছান থমমানো বোমা বিস্ফোৰণত নিহত হয়। কাৰাগাৰৰ জীৱন বন্দী হোৱাৰ পিছত অজিতাই থানাত অত্যাচাৰ সহ্য কৰা বুলি খবৰ পোৱা গৈছিল; তেখেতক জনসাধাৰণৰ আগত পেৰেড কৰা হৈছিল পৰৱৰ্তী সময়ৰ বিচাৰৰ পিছত অজিতাক ৯ বছৰৰ একাকী কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। তেওঁ কাৰ্যকালৰ প্ৰথমাৰ্ধ ত্ৰিবেন্দ্ৰমৰ কেন্দ্ৰীয় কাৰাগাৰত আৰু পিছৰ অৰ্ধেক সময় কানান’ৰ কাৰাগাৰত কটায় য’ত তেওঁৰ পিতৃ-মাতৃও কাৰাগাৰত আছিল। অজিতাই কাৰাগাৰত থকা সময়খিনি কেৰালাৰ মহিলাসকলে বিশেষকৈ যৌনকৰ্মীসকলে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে জানিবলৈ ব্যৱহাৰ কৰিছিল। সামাজিক কৰ্মজীৱন কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত অজিতাই স্বাভাৱিক জীৱন আৰম্ভ কৰাৰ চেষ্টা চলাই ইয়াকুবক বিয়া কৰাই এটি কন্যা সন্তান জন্ম দিয়ে। কিন্তু ১৯৮৮ চনত মুম্বাইত মহিলা সংগঠনৰ এখন সন্মিলনে তেওঁক সামাজিক সক্ৰিয়তালৈ ঘূৰি আহিবলৈ প্ৰভাৱিত কৰাৰ ফলত তেওঁ কোজিকোড় (কেলিকাট)ত ভিত্তি কৰি 'বোধনা' (সজাগতা) নামৰ এটা সংগঠন প্ৰতিষ্ঠা কৰে। সংগঠনটো বেছি দিন আগবাঢ়িব নোৱাৰিলেও অজিতাই ১৯৯৩ চনত আনৱেশী নামৰ আন এটা সংস্থা গঠন কৰে। কেৰালাৰ বহুতো চাঞ্চল্যকৰ মানৱ অধিকাৰ গোচৰৰ তেওঁ সক্ৰিয় অংশগ্ৰহণকাৰী আছিল। আইচক্ৰীম পাৰ্লাৰৰ কেচ আইচক্ৰীম পাৰ্লাৰৰ গোচৰ (১৯৯৭)ত কোজিকোড়ৰ স্থানীয় আইচক্ৰীম পাৰ্লাৰত নাবালক ছোৱালীক যৌন শোষণ কৰা হৈছিল যিয়ে পিছলৈ যৌন শোষণ কৰিবলৈ শান্তকাৰী ঔষধৰ সৈতে যোগ কৰা আইচক্ৰীমৰ ব্যৱস্থা কৰিছিল। এই কেলেংকাৰীৰ সূত্ৰপাত ঘটে যেতিয়া পাঁচগৰাকী নাবালিকা ছোৱালীয়ে অজিতাৰ কাষ চাপে যিয়ে৷ তেওঁলোকে আনৱেশীৰ তত্বাৱধানত ব্যক্তিগত তদন্ত চলাই আৰক্ষীক এই বিষয়ে অৱগত কৰে। তেওঁলোকে মহানগৰীৰ ৰে’লপথত উদ্ধাৰ হোৱা দুগৰাকী কিশোৰীৰ মৃতদেহ গোচৰৰ সৈতে ইয়াৰ দৃঢ় সম্পৰ্ক আছে বুলি অভিযোগ উত্থাপন কৰে। সেই সময়ৰ কেৰেলাৰ উদ্যোগ মন্ত্ৰী আৰু ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ (আই ইউ এম এল) নেতা পি কে কুনহালিকুট্টীৰ নাম, চি পি এম নেতা টি পি দাসন আৰু কিছুমান কাষ্টম বিষয়াৰ দৰে বহুতো পৰিচিত নাম অভিযুক্তৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল। বিচাৰৰ সময়ত ভুক্তভোগী পাঁচজনৰ ভিতৰত দুজনে নিজৰ বক্তব্য প্ৰত্যাহাৰ কৰে। ২০০৫ চনত কেৰালা উচ্চ ন্যায়ালয়ে এই আবেদন খাৰিজ কৰে আৰু উচ্চতম ন্যায়ালয়ে ২০০৬ চনত প্ৰমাণৰ অভাৱৰ কথা উল্লেখ কৰি গোচৰ খাৰিজ কৰে। তথ্যসূত্ৰ সমাজকৰ্মী ভাৰতীয় নাৰী জীৱিত
37604
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%83%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A7%B1%E0%A7%87%E0%A6%B6
প্ৰাকৃতিক পৰিৱেশ
প্ৰাকৃতিক পৰিৱেশ বুলিলে পৃথিৱী বা ইয়াৰ কোনো এটা অঞ্চলৰ সমগ্ৰ জীৱ আৰু জড়সমূহক একেলগে বুজায়। ই সকলো জীৱিত প্ৰজাতিৰ এটা পাৰস্পৰিক ক্ৰিয়াৰ পৰিৱেশ। এই ধাৰণাটো কিছুমান মৌলৰ দ্বাৰা প্ৰকাশ কৰা হয়: সম্পূৰ্ণ পৰিস্থিতিক গোট যি মানুহৰ হস্তক্ষেপৰ অবিহনে সকলো উদ্ভিদ, অণুজীৱ, মাটি, শিল, বায়ুমণ্ডল আৰু সেই সীমাৰ ভিতৰত ঘটা সকলো প্ৰাকৃতিক পৰিঘটনাকে ধৰি, প্ৰাকৃতিক তন্ত্ৰ হিচাপে কাৰ্য কৰে। বিশ্বজনীন প্ৰাকৃতিক সম্পদ আৰু ভৌতিক পৰিঘটনা যিবোৰ কোনো সীমাৰ দ্বাৰা আবদ্ধ নহয়, যেনে বায়ু, পানী আৰু জলবায়ু, লগতে মানুহৰ কাৰ্যৰ পৰা উদ্ভৱ নোহোৱা শক্তি, তেজস্ক্ৰিয়তা, বৈদ্যুতিক আধান আৰু চুম্বকত্ব আদি। প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশৰ মাজত পাৰ্থক্য আছে। মানৱ সৃষ্ট পৰিৱেশৰ অন্তৰ্গত অঞ্চল আৰু তাৰ মৌলবোৰ মানুহৰ বিভিন্ন কাৰ্যৰ (যেনে বিৱৰ্তনিক গঠন, কৃষি, জনসংখ্যা আদি) দ্বাৰা গভীৰভাৱে প্ৰভাবিত হয়। এটা ভৌগোলিক অঞ্চলক প্ৰাকৃতিক পৰিৱেশ হিচাপে গণ্য কৰা হয়। সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশ বিচাৰি পোৱাতো বৰ কঠিন, আৰু পৰিস্থিতি অনুযায়ী প্ৰাকৃতিকতাৰ পাৰ্থক্য পৰিলক্ষিত হয়। পৰিৱেশৰ বিভিন্ন দৃষ্টিকোণ আৰু মৌলৰ দিশৰ পৰা বিচাৰ কৰিলে, দেখা যায় যে সিহঁতৰ প্ৰাকৃতিকতাৰ মাত্ৰা একে নহয়। উদাহৰণ স্বৰূপে, এখন কৃষি ক্ষেত্ৰৰ খনিজ লৱণৰ অনুপাত আৰু মাটিৰ গঠন বিবেচনা কৰিলে, এখন অৰণ্যৰ লগত খনিজ লৱণৰ অনুপাতৰ কিছু মিল দেখা পোৱা গলেও মাটিৰ গঠনৰ ক্ষেত্ৰত ভিন্নতা পৰিলক্ষিত হয়। প্ৰাকৃতিক পৰিৱেশক প্ৰায়েই আৱাসস্থলৰ সমাৰ্থক হিচাপে ব্যৱহাৰ কৰা হয়, যেনে জিৰাফৰ প্ৰাকৃতিক পৰিৱেশ ছাভানা। সংযুতি ভূ-বিজ্ঞনত সাধাৰণতে শিল, পানী, বায়ু, আৰু জীৱৰ ভিত্তিত, ভূমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জৈৱমণ্ডল নামৰ চাৰিতা মণ্ডল থাকে। কিছু বিশেষজ্ঞই, জলমণ্ডলৰ এটা বিশেষ ভাগ হিমমণ্ডলৰ (বৰফৰ বাবে) লগতে স্থলমণ্ডলকো (মাটিৰ বাবে) পৃথিৱীৰ একোটা সক্ৰিয় মণ্ডল বুলি ধৰে। ভূ-বিজ্ঞান, পৃথিৱীৰ সৈতে জড়িত সকলো বিজ্ঞানৰ সমাহাৰ বুলিব পাৰি। ভূ-বিজ্ঞনৰ প্ৰধান ভাগ চাৰিতা হ'ল, ভূগোল, ভূতত্ত্ব বিজ্ঞান, ভূ-পদাৰ্থ বিজ্ঞান আৰু জিঅদেছি। পৃথিৱীৰ মণ্ডলসমূহৰ গুণগত আৰু পৰিমাণগত অধ্যয়নৰ বাবে এই বিভাগসমূহে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, ক্ৰমলজি আৰু গণিতৰ ব্যৱহাৰ কৰে। ভৌগোলিক ক্ৰিয়া পৃথিৱীৰ ভূ-ত্বক বা ভূমণ্ডল হ'ল গ্ৰহটোৰ একেবাৰে বাহিৰৰ কঠিন আৱৰণ আৰু ৰাসায়নিক তথা প্ৰযুক্তিগত ভাৱে ভিতৰৰ তৰপসমূহতকৈ ভিন্ন। ই প্ৰধানকৈ আগ্নেয় প্ৰক্ৰিয়াৰ দ্বাৰা সৃষ্টি হৈছিল, য'ত মেগমা ঠাণ্ডা আৰু গোট মাৰি কঠিন শিললৈ ৰূপান্তৰ ঘটিছিল। ভূ-ত্বকৰ ঠিক তলৰ স্তৰটো তেজস্ক্ৰীয় মৌলৰ ক্ষয়ীভৱনৰ ফলত উতপ্ত হৈ থাকে। এই তৰপটোতেই টেকটনিক প্লেটসমূহ ভাঁহি থাকে। এই প্লেটবোৰ লৰচৰ কৰাৰ ফলতেই ভূমিকম্প হয়। সাধাৰণতে এনে যিকোনো দুখন প্লেটৰ সংযোগ স্থলতেই ভূমিকম্প হয়। এই তেজস্ক্ৰীয় বিকিৰণৰ বাবে হোৱা উত্তাপ বৃদ্ধিৰ ফলত ভূ-গৰ্ভৰ উপাদানবোৰ তৰল হৈ আয়তন বাঢ়ে। আগ্নেয়গিৰি উদ্গিৰণৰ ই এটা প্ৰাথমিক কাৰণ। জলভাগ মহাসাগৰ পৃথিৱীৰ জলভাগে পৃথিৱী পৃস্থৰ এটা বৃহৎ অংশ, প্ৰায় ৭১% আগুৰি আছে, কেইবাখনো সাগৰ আৰু মহাসাগৰত বিভক্ত কৰা হৈছে। মহাসাগৰ মূলতঃ এখনেই। ভূগোলবিদসকলে অধ্যয়নৰ সুবিধাৰ্থে মহাসাগৰক ৫টা অংশৰ বিভক্ত কৰিছে। মহাসাগৰীয় বিভাজনসমূহ সংজ্ঞায়িত আৰু মূল্যায়িত হৈছে মহাদেশ, মাটিৰ স্তৰ আৰু অন্যান্য চৰ্তাৱলীক কেন্দ্ৰ কৰি। এই পাঁচ বিভাজন হৈছে (আকাৰৰ হ্ৰাসমান ক্ৰমত): প্ৰশান্ত মহাসাগৰ: আমেৰিকাক এছিয়া আৰু অষ্ট্ৰেলিয়াৰ পৰা বিভক্ত কৰিছে। আটলাণ্টিক মহাসাগৰ: আমেৰিকাক ইউৰেছিয়া আৰু আফ্ৰিকাৰ পৰা বিভক্ত কৰিছে। ভাৰত মহাসাগৰ: দক্ষিণ এছিয়াক আবৰি ৰাখিছে আৰু আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াক বিভক্ত কৰিছে। দক্ষিণ মহাসাগৰ বা এণ্টাৰ্কটিকা মহাসাগৰ: ইয়াক কেতিয়াবা প্ৰশান্ত, আটলাণ্টিক আৰু ভাৰত মহাসাগৰৰ বহিৰাংশ হিচাবে গণ্য কৰা হয় যি এণ্টাৰ্কটিকা মহাদেশক আবৰি ৰাখিছে। উত্তৰ মহাসাগৰ: ইয়াক কেতিয়াবা আটলাণ্টিক মহাসাগৰৰ এক সমুদ্ৰ হিচাবে গণ্য কৰা হয় যি সুমেৰুৰ অধিকাংশ অঞ্চল আৰু উত্তৰ আমেৰিকা আৰু ইউৰেছিয়াৰ একাংশ আবৰি ৰাখিছে। নদী নদী হ'ল পানীৰ প্ৰাকৃতিক জলধাৰা, নদীৰ পানী সাধাৰণতে, মহাসাদৰ, হ্ৰদ, সাদৰ বা অন্য নদীলৈ বৈ যায়। কোনো কোনো ক্ষেত্ৰত নদী কোনো পানীৰ উৎস পোৱাৰ আগতেই শুকাই যায়। জুৰি হ্ৰদ হ্ৰদ পানীৰ এটা বৃহৎ উৎস। কোনো এটা মহাদ্বীপত মহাসাগৰৰ অংশ নোহোৱা আৰু নদীৰ পানীৰে সৃষ্টি হোৱা পুখুৰীতকৈ ডাঙৰ আৰু গভীৰ জলাশয়ক হ্ৰদ বুলি গণ্য কৰা হয়। সাধাৰণতে পৰ্বতীয়া অঞ্চলত প্ৰাকৃতিক হ্ৰদসমূহ পোৱা যায়। পুখুৰী পুখুৰী হ'ল, হ্ৰদত কৈ সৰু, প্ৰাকৃতিক বা মানৱ সৃষ্ট, স্থিৰ পানীৰ এটা উৎস। বায়ুমণ্ডল, জলবায়ু আৰু বতৰ বায়ুমণ্ডল পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ প্ৰধান চালিকা শক্তি। পৃথিৱীৰ চাৰিওফালে থকা গেছৰ এই পাতল আৱৰণটো পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে। বায়ু সাধাৰণতে ৭৮% নাইট্ৰজেন, ২১% অম্লজান, ১% আৰ্গণ আৰু কাৰ্বন ডাই অক্সাইডৰ দৰে অন্য নিষ্ক্ৰিয় গেছেৰে গঠিত। বাকী গেছবোৰক প্ৰায়ে অৱশেষ হিচাপে গণ্য কৰা হয়, যিবোৰৰ ভিতৰত, জলীয় বাষ্প, কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আৰু অজনৰ দৰে সেউজগৃহ গেছেই প্ৰধান। বিভিন্ন ৰাসায়নিক যৌগৰ অৱশেষো বায়ুত মিহলি হৈ থাকে। বায়ুৰে এটা অংশ ডাৱৰত বিভিন্ন পৰিমাণৰ জলীয় বাষ্প, প্ৰলম্বিত পানীৰ ক্ষুদ্ৰ টোপাল আৰু বৰফৰ স্ফটিকো থাকে। ধূলি, পৰাগ আৰু ৰেণু, সাগৰীয় পানীৰ কণা, আগ্নেয় ধুৱা আৰু মহাকাশীয় কণাৰ দৰে বহু প্ৰাকৃতিক পদাৰ্থও বায়ুত মিহলি হৈ থাকে। বিভিন্ন ঔদ্যোগিক প্ৰদূষক, যেনে ছালফাৰ ডাই অক্সাইডৰ দৰে ক্লৰিণ, ফ্লৰিণ, মাৰ্কাৰি আৰু ছালফাৰ আদিৰ মৌল বা যৌগও বায়ুত পোৱা যায়। 2]. বায়ুমণ্ডলৰ অজন তৰপে অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণ হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই অতি বেঙুনীয়া ৰশ্মি চালৰ বাবে অত্যন্ত ক্ষটিকাৰক। এই অজন তৰপে অতি বেঙুনীয়া ৰশ্মিৰ দ্বাৰা হ'ব পৰা ডি. এন. এ.ৰ ক্ষটিসাধন ৰোধ কৰি জীৱকুলক ৰক্ষা কৰি আহিছে। তদুপৰি বায়ুমণ্ডলে ৰাতি তাপৰ সমতাও ৰক্ষা কৰো। বায়ুমণ্ডলৰ স্তৰসমূহ প্ৰধান স্তৰসমূহ পৃথিৱীৰ বায়ুমণ্ডলক পাঁচটা প্ৰধান তৰপত ভাগ কৰা হৈছে। এই তৰপসমূহ বায়ুমণ্ডলক তাপৰ তাৰতম্যৰ ওপৰত নিৰ্ভশীল। এক্স'স্ফিয়াৰ বায়ুমণ্ডলৰ একেবাৰে বাহিৰৰ স্তৰ, প্ৰধানকৈ হাইড্ৰজেন আৰু হিলিয়ামেৰে গঠিত। থাৰ্ম'স্ফিয়াৰ ভূ-পৃষ্ঠৰ পৰা ৩৫০-৮০০ কিলোমিটাৰলৈ ই বিস্তৃত। আন্তৰাষ্ট্ৰীয় মহাকাশ আস্থান এই স্তৰতেই আছে। মেচ'স্ফিয়াৰ ষ্ট্ৰেট'স্ফিয়াৰৰ ওপৰৰ স্তৰটো মেচ'স্ফিয়াৰ আৰু ভূ-পৃষ্ঠৰ পৰা ৮০-৮৫ কিলোমিটাৰলৈ ই বিস্তৃত। এই স্তৰটোত উষ্ণতাৰ পৰিমাণ আকৌ নিম্নলৈ আহে। অজনৰ গাঢ়তা এই স্তৰত কম হয়। ষ্ট্ৰেট'স্ফিয়াৰ ট্ৰপ'স্ফিয়াৰৰ ওপৰত থকা স্থিৰ বায়ুমণ্ডলৰ স্তৰটোক ষ্ট্ৰেট'স্ফিয়াৰ বোলে আৰু এই স্তৰটো ৫১ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ থাকে। ট্ৰপ'স্ফিয়াৰৰ সৈতে এই স্তৰৰ ভৌতিক ধৰ্মবোৰ প্ৰায় একে। কেৱল উষ্ণতা ১০°-২০°চে.-লৈ বেছি হোৱা দেখা যায়। এই স্তৰটোত থকা অজন অণুবোৰ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিক পৃথিৱীলৈ অহাত বাধা দিয়ে। ট্ৰপ'স্ফিয়াৰ বায়ুমণ্ডলৰ ভূ-পৃষ্ঠৰ লগতে লাগি থকা স্তৰটোক ট্ৰপ'স্ফিয়াৰ বোলে। বায়ুমণ্ডলৰ সকলোবোৰ পৰিৱৰ্ত্তন এই স্তৰতে সংঘটিত হয়। ই ভূ-পৃষ্ঠৰ ৭ কিলোমিটাৰৰ পৰা ১৭ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ থাকে। বায়ুমণ্ডলত থকা প্ৰায় ৮০% গেছেই ট্ৰপ'স্ফিয়াৰত পোৱা যায়। অন্য তৰপসমূহ বায়ুমণ্ডলক তাপৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰকৰি ভাগ কৰা এই প্ৰধান পাঁচটা তৰপৰ উপৰিও অন্যান্য বৈশিষ্টৰ ভিত্তিত আৰু কেইবাটাও তৰপত ভাগ কৰা হৈছে। অ'জন তৰপ: অ'জন গেছৰ এই তৰপটো ষ্ট্ৰেট'স্ফিয়াৰত পোৱা যায়। প্ৰধানকৈ ষ্ট্ৰেট'স্ফিয়াৰৰ নিম্নাংশত প্ৰায় ১৫-৩৫ কিলোমিটাৰৰ ভিতৰত এই তৰপটো পোৱা যায়। ভৌগোলিকতা আৰু ঋতু সাপেক্ষে এই তৰপটোৰ গভীৰতা ভিন্ন হয়। বায়ুমণ্ডলৰ প্ৰায় ৯০% অ'জন ষ্ট্ৰেট'স্ফিয়াৰটে পোৱা যায়। আয়ন'স্ফিয়াৰ এক্স'স্ফিয়াৰ আৰু থাৰ্ম'স্ফিয়াৰ দুয়োটা স্তৰতে থকা এই তৰপটো সৌৰ-বিকিৰণৰ দ্বাৰা আয়নিত হৈ থাকে। বায়ুমণ্ডলৰ প্ৰায় ৫০-১০০০ কিলোমিটাৰৰ ভিতৰত এই তৰপটো পোৱা যায়। ইয়াৰ পিছতেই মেগনেট'স্ফিয়াৰ আৰম্ভ হয়। হম'স্ফিয়াৰ আৰু হেটাৰ'স্ফিয়াৰ হম'স্ফিয়াৰত ট্ৰপ'স্ফিয়াৰ, ষ্ট্ৰেট'স্ফিয়াৰ আৰু মেচ'স্ফিয়াৰক অন্তৰ্ভুক্ত কৰা হয়। হেটাৰ'স্ফিয়াৰৰ ওপৰৰ অংশটৌ প্ৰধানকৈ, আটাইতকৈ পাতল মৌল হাইড্ৰজেনৰ দ্বাৰা গঠিত। গোলকীয় সীমা স্তৰ: ট্ৰপ'স্ফিয়াৰৰ এটা অংশ। পৃথিৱী পৃষ্ঠৰ একেবাৰে ওচৰৰ এই স্তৰটো পৃথিৱী পৃষ্ঠৰ, বিশেষকৈ বায়ুমণ্ডলীয় বিক্ষোভৰ প্ৰসাৰৰ দ্বাৰা প্ৰতক্ষ ভাৱে প্ৰভাৱিত হয়। গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিণাম গোলকীয় উষ্ণতা বৃদ্ধিৰ সম্ভাৱিত পৰিণাম সম্পৰ্কে বিশেষজ্ঞৰ দলসমূহে ধাৰাবাহিকভাৱে অধ্যয়ন কৰি আছে। আমাৰ প্ৰাকৃতিক পৰিৱেশ আৰু গ্ৰহটোত হ'ব পৰা সম্ভাব্য পৰিণতি সম্পৰ্কে তেওঁলোকে বিস্তৃত আলোচনা কৰিছে। জলবায়ুৰ পৰিবৰ্তন, মানৱজনিত গোলকীয় উষ্ণতা বৃদ্ধি, মানৱ সৃষ্ট সেউজগৃহ গেছৰ উন্মুক্তকৰণ, লক্ষণীয় ভাৱে বৃদ্ধি পোৱা কাৰ্বন ডাই অক্সাইড আদিয়ে এটাই আনটোক প্ৰভাৱিত কৰাৰ লগতে পৃথিৱী, ইয়াৰ পৰিৱেশ আৰু মানৱ জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। এইটো স্পষ্টযে আমাৰ গ্ৰহটো ক্ৰমান্বয়ে গৰম হৈ গৈ আছে। শেহতীয়াকৈ ইণ্টাৰগভাৰমেণ্টেল পেনেল অন ক্লাইমেট চেইঞ্জে বিশ্বৰ এটা আগশাৰীৰ জলবায়ু বিশেষজ্ঞৰ গোট) প্ৰকাশ কৰা মতে, ১৯৯০ চনৰ পৰা ২১০০ চনলৈ পৃথিৱীৰ উষ্ণতা প্ৰায় ২.৭ ৰ পৰা ১১ ডিগ্ৰী ফাৰেণহাইট বৃদ্ধি পাব। সেউজগৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ প্ৰতি বিশেষভাৱে ধ্যান দিয়া হৈছে, মানুহ, অন্য প্ৰাণী, আৰু উদ্ভিদ প্ৰজাতি, পৰিৱেশ তন্ত্ৰ, অঞ্চল আৰু ৰাষ্ট্ৰৰ ওপৰত প্ৰভাৱ পেলোৱা গোলকীয় উষ্ণতা বৃদ্ধি প্ৰতিৰোধৰ বাবে অনুকূল কৌশল বিকশিত কৰাত গুৰুত্ব আৰোপ কৰিছে। জলবায়ুৰ পৰিবৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি প্ৰতিবোধৰ প্ৰতি সহযোগ কৰা এনে কিছুমান উদাহৰণ হ'ল: বায়ুমণ্ডলত জলবায়ু পৰিবৰ্তনৰ বিপদজনক ক্ৰিয়াবোৰ প্ৰতিৰোধৰ বাবে সেউজগৃহ গেছৰ ঘনত্ব নিৰ্ধাৰণ কৰা সেউজগৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ কৌশল উদ্ভাৱন কৰা। জলবায়ু কোনো এটা ভৌগোলিক অঞ্চলৰ তাপ, আৰ্দতা, বায়ুমণ্ডলীয় চাপ, বতাহ, বৰষুণ, বায়ুমণ্ডলীয় উপাদানৰ পৰিমাণ আৰু অন্য অসংখ্য ধাতৱ মৌলৰ পৰিমাণ আদিৰ দীঘলীয়া সময়ৰ পৰিসাংখিকিকে জলবায়ু বোলে। অন্য অৰ্থত দীঘলীয়া সময়ৰ বাবে বতৰৰ পৰিবৰ্তনেই জলবায়ু। বতৰ কোনো এটা নিৰ্দিষ্ট সময়ত কোনো এটা নিৰ্দিষ্ট বায়ুমণ্ডলীয় অঞ্চলত সংঘটিত হোৱা পৰিঘটনাসমূহকে বতৰ বোলে। বতৰৰ বেছিভাগ পৰিঘটনা টপস্ফিয়াৰত সংঘটিত হয়। যিকোনো এটা অঞ্চলৰ উষ্ণতা বা অন্যান্য উপাদনবোৰৰ দৈনিক পৰ্বৰ্তনেই বতৰ আৰু এই পৰিবৰ্তনসমূহৰ এটা দীঘলীয়া সময়ৰ পৰিসাংখিকিয়েই জলবায়ু। যিকোনো এখন ঠাইৰ ঘনত্ব (তাপ আৰু জলীয় বাষ্প) পৰিবৰ্তনৰ ফলতেই বতৰৰ পৰিবৰ্তন হয়। সূৰ্যৰ ৰশ্মিৰ আপতিত কোণৰ পৰিবৰ্তনৰ বাবেই এই পৰিবৰ্তনবোৰৰ সৃষ্টি হয়। অস্থিৰ বায়ুৰ বোবে চাইক্লন, ধুমুহা আদিৰ সৃষ্টি হয়। পৃথিৱী পৃষ্ঠৰ উষ্ণতা বছৰি প্ৰায় ±৪০ (১০০ −৪০ পৃথিৱী পৃষ্ঠৰ উষ্ণতা, পৃষ্ঠ চাপৰ পৰিবৰ্তনৰ বাবে ভিন্ন হোৱা দেখা যায়। ওখ অঞ্চলসমূহ সাধাৰণতে ঠাণ্ডা হয়। জীৱন পৃথিৱীত জীৱন প্ৰায় ৩৭০০ নিযুত বছৰ ধৰি বৰ্তি আছে বুলি প্ৰমাণ পোৱা গৈছে। পৃথিৱীৰ সকলো জীৱ, এককোষী জীৱৰ পৰাই সৃষ্টি হৈছে বুলি কোৱা হয়। কিন্তু জীৱ উৎপত্তিৰ তত্ত্ব সমন্ধে এতিয়াও বহু মতবিৰোধ পৰিলক্ষিত হয়। সাধাৰণতে সংৰচনা, বিপাক, বৃদ্ধি আৰু বিকাশ, অভিযোজন, উদ্দীপকৰ প্ৰতি সঁহাৰি আৰু প্ৰজননৰ দ্বাৰা বহু বিজ্ঞানীয়ে জীৱৰ উৎপত্তি বিশেষীকৰণ কৰে, যদিও ইয়াৰ কোনো সৰ্বসন্মত সংজ্ঞা নাই। সহজ ভাষাত জীৱসমূহৰ গুণগত অৱস্থাই জীৱন। জীৱবিজ্ঞানৰ মতে, বৃদ্ধিৰ সক্ষমতা, শাৰীৰিক কাৰ্য আৰু মৃত্যুলৈকে ধাৰাবাহিক পৰিবৰ্তনকে ধৰি, অন্য ভৌতিক পদাৰ্থৰ পৰা জীৱসমূহক পৃথক বুলি চিনাক্ত কৰিব পৰা প্ৰাথমিক চৰ্তটোৱেই হ'ল জীৱন। পৃথিৱীৰ জৈৱমণ্ডলত বিভিন্ন ধৰণৰ জীৱ পোৱা যায়, এই জীৱসমূহৰ (উদ্ভিদ, প্ৰাণী, ভেঁকুৰ, প্ৰটিষ্টা, আৰ্কিয়া আৰু বেক্টেৰিয়া) সাধাৰণ লক্ষণবোৰ হ'ল- কাৰ্বন আৰু পানীৰ আধাৰত গঠিত কোষৰ জটিল সংৰচনা আৰু বিৱৰ্তনিক জিনীয় তথ্য। জীৱসমূহে বিপাক কাৰ্য সংঘটিত কৰে, সমাৱস্থান ৰক্ষা কৰে, বৃদ্ধিৰ সক্ষমতা দেখুৱাই, উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়, প্ৰজনন কৰে আৰু এটা সফল প্ৰজন্ম হিচাপে, প্ৰাকৃতিক নিৰ্বাচনৰ জৰিয়তে পৰিৱেশৰ লগত অভিযোজন কৰে। পৰিবেশ তন্ত্ৰ যি বিশেষ পদ্ধতিত কোনো বসতি স্থানৰ জীৱগোষ্ঠীবোৰে এটাই আনটোৰ লগত আৰু সেই বসতি অঞ্চলৰ অজৈৱ পৰিৱেশৰ কাৰকৰ লগত প্ৰতিক্ৰিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে তাকে পৰিৱেশ তন্ত্ৰ বোলে। বাস্তৱ্যবিদ ওডামৰ 1971) মতে "পৰিৱেশ তন্ত্ৰ" হ’ল এটা নিৰ্দিষ্ট অঞ্চলৰ ভৌতিক পৰিৱেশৰ লগত আন্তঃক্ৰিয়াশীল সকলো প্ৰকাৰৰ জীৱক সাঙুৰি লোৱা (অৰ্থাৎ জৈৱ সম্প্ৰদায়) এটা সমষ্টি য’ত শক্তিৰ প্ৰৱাহে স্পষ্টভাবে ইয়াৰ খাদ্যস্তৰৰ গঠন, জৈৱবৈচিত্ৰ্য আৰু পদাৰ্থৰ চক্ৰীভৱন (অৰ্থাৎ জীৱিত আৰু নিৰ্জীৱ উপাংশৰ মাজত হোৱা পদাৰ্থৰ বিনিময়) পৰিছালনা কৰে। বায়ম বায়মবোৰ পৰিভাষিক ভাৱে পৰিৱেশতন্ত্ৰ সৈতে একে, জলবায়ু আৰু ভৌগোলিকভাৱে নিৰ্ধাৰণ কৰা কিছুমান পৰিৱেশগত ভাৱে সদৃশ জলবায়ুৰ অঞ্চল। উদ্ভিদৰ প্ৰকাৰ (যেনে বৃক্ষ, গুল্ম, আৰু তৃণ), পাতৰ প্ৰকাৰ (যেনে বহল পাত আৰু দীঘলীয়া পাত), উদ্ভিদৰ ঘনত্ব (অৰণ্য, কাঠনি, তৃণভূমি), আৰু জলবায়ুৰ ওপৰত ভিত্তি কৰি বায়মবোৰ ভাগ কৰা হৈছে, পৰিৱেশমণ্ডলৰ দৰে বংশগতি, বিৱৰ্তন বা ইতিহাসৰ ওপৰত ভিত্তি কৰি নহয়। জৈৱৰাসায়নিক চক্ৰ গোলকীয় জৈৱৰাসায়নিক চক্ৰবোৰে জীৱৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়, এনে কেইটামান প্ৰধান চক্ৰ হ'ল- নাইট্ৰ'জেন চক্ৰ, জল চক্ৰ, কাৰ্বন চক্ৰ, অক্সিজেন চক্ৰ আৰু ফছফৰাছ চক্ৰ। নাইট্ৰ'জেন চক্ৰ: পকৃতিত নাইট্ৰ'জেন আৰু নাইট্ৰ'জেনযুক্ত যৌগসমূহৰ আদান-প্ৰদানেই নাইট্ৰ'জেন চক্ৰ। এই চক্ৰত গেছীয় যৌগবোৰ জড়িত হৈ থাকে। জল চক্ৰ: পৃথিৱী পৃষ্ঠৰ তলেদি আৰু ওপৰেদি ধাৰাবাহিকভাৱে হোৱা পানীৰ চলাচলেই জল চক্ৰ। জল চক্ৰ ভিন্ন পৰ্যায়ত পানীৰ অৱস্থাও তৰল, গেছীয় আৰু গোটালৈ পৰিবৰ্তন হয়। কাৰ্বন চক্ৰ: পৃথিৱীৰ জৈৱমণ্ডল, স্থলমণ্ডল, ভূমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডলৰ মাজত হোৱা কাৰ্বনৰ আদান-প্ৰদানেই কাৰ্বন চক্ৰ। অক্সিজেন চক্ৰ: বায়ুমণ্ডল, জৈৱমণ্ডল আৰু ভূমণ্ডলৰ মাজত হোৱা অক্সিজেনৰ সৰবৰাহেই অক্সিজেন চক্ৰ। ইয়াৰ প্ৰধান কাৰক হ'ল সালোক সংশ্লেষণ। ফছফৰাছ চক্ৰ: জলমণ্ডল, জৈৱমণ্ডল আৰু ভূমণ্ডলৰ মাজত হোৱা ফছফৰাছৰ আদান-প্ৰদানেই ফছফৰাছ চক্ৰ। এই চক্ৰত বিশেষ ভূমিকা নাই, কাৰণ পৃথিৱীৰ সাধাৰণ উষ্ণতাত ফছফৰাছ আৰু ইয়াৰ যৌগসমূহ কঠিন অৱস্থাতেই পোৱা যায়। বনাঞ্চল বনাঞ্চল বুলিলে সাধাৰণতে পৃথিৱীৰ সেইবোৰ প্ৰাকৃতিক পৰিৱেশক বুজাই, যিবোৰ অঞ্চল মানুহৰ কাৰ্যৰ দ্বাৰা পৰিবপৰা যিকোনো প্ৰভাৱৰ পৰা মুক্ত। ৰ মতে বনাঞ্চল হ'ল: আমাৰ গ্ৰহটোত থকা একেবাৰে অক্ষত, নিৰ্জন বন্য প্ৰাকৃতিক অঞ্চল যিবোৰত সঁচা অৰ্থত মানুহে পৰিচালনাৰ নকৰে আৰু ৰাস্তা, পাইপ লাইন বা অন্য ঔদ্যোগিক নিৰ্মাণ কাৰ্য নকৰে। বনাঞ্চল আৰু সুৰক্ষিত উদ্যানসমূহ, কিছুমান নিৰ্দিষ্ট প্ৰজাতিৰ জীৱন ধাৰণ, পৰিৱেশ তন্ত্ৰ অধ্যয়ন, সংৰক্ষণ, নিৰ্জনতা, আৰু পূনৰ্নিৰ্মাণৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। সাংস্কৃতিক, আধ্যাত্মিক, নৈতিক, আৰু কলাত্মক ভাবে বনাঞ্চল অতি মূল্যৱান। বন্যজীৱ বুলিলে মানুহে কৰ্ষণ বা পোহনীয়া নকৰা উদ্ভিদ, প্ৰাণী বা অন্য জীৱক বুজায। মানুহে নিজৰ লাভৰ বাবে বনৰীয়া উদ্ভিদ বা প্ৰাণী প্ৰজাতিসমূহ ঘৰুৱা কৰাৰ ফলত পৰিবেশৰ ওপৰত ধনাত্মক আৰু ঋণাত্মক দুয়ো প্ৰকাৰৰ প্ৰভাৱ পৰে। সকলো পৰিৱেশতে বন্যজীৱ পোৱা যায়। মৰুভূমি, বৰ্ষৰণ্য, সমভূমি আৰু অতি উন্নত নগৰীয়া অঞ্চলকে ধৰি যিকোনো অঞ্চলতেই কিছুমান নিৰ্দিষ্ট বন্যজীৱ পোৱা যায়। বন্যজীৱ বুলিলে যদিও মানৱ সভ্যতাই স্পৰ্ষ নকৰা জীৱসমূহক বুজায়, তথাপি বৰ্তমান মানুহৰ কাৰ্যৰ দ্বাৰা এইবোৰ কিছু পৰিমাণে হ'লেও প্ৰভাৱিত হৈছে। প্ৰত্যাহ্বানসমূহ তথ্য সংগ্ৰহ পৰিৱেশ
74114
https://as.wikipedia.org/wiki/%E0%A6%A1%E0%A7%87%E0%A6%87%20%E0%A6%9C%E0%A6%BE%E0%A6%82-%E0%A6%97%E0%A6%BE%E0%A6%AE
ডেই জাং-গাম
জাং-গাম বা লেডী জাং-গাম বা ডেই-জাং-গাম হৈছে কোৰিয়াৰ ইতিহাসৰ প্ৰথমগৰাকী মহিলা ৰাজবৈদ্য বা ৰয়েল ফিজিচিয়ান। তেওঁৰ বিষয়ে জোছন ৰাজবংশৰ নথিপত্ৰত ১০ বাৰ উল্লেখ পোৱা গৈছে। এই কথাৰ সম্ভেদ পোৱা যায় যে ৰজা জাংজং জাং-গামৰ চিকিৎসা জ্ঞানত সন্তুষ্ট হৈছিল আৰু ৰাজপৰিয়ালৰ আদৰ-যত্ন লোৱাৰ বাবে তেওঁৰ ওপৰত বিশ্বাস কৰিছিল। তেতিয়াৰ পৰা, জাং-গাম ৰাজসভাৰ তৃতীয় সৰ্বোচ্চ পদবীৰ বিষয়া হৈছিল, আৰু তেওঁক নামৰ আগত ডেই (মহান) উপাধি ব্যৱহাৰৰ অনুমতি দিয়া হৈছিল। কিছুমান উৎসই জাং-গামৰ প্ৰকৃত অস্তিত্বক প্ৰমাণিত কৰে যদিও ই এতিয়াও পণ্ডিতসকলৰ মাজত বিতৰ্কৰ বিষয় হৈ আছে। জোছন ৰাজবংশৰ নথিসমূহত উল্লেখ জোছন ৰাজবংশৰ নথিসমূহত জাং-গামৰ নাম, কেতিয়াবা ইউনিয়ো (মহিলা নিৰাময়কাৰী) উপাধিৰ সৈতে ১০ বাৰ উল্লেখ কৰা হৈছিল। ৰাজসভাৰ কিছুসংখ্যক বিষয়াই সদ্যপ্ৰয়াত ৰাণী জাংগিয়াঙৰ শুশ্ৰূষা কৰা সকলো ইউনিয়ো অৰ্থাৎ মহিলা নিৰাময়কাৰীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ ৰজা জাংজঙলৈ আৱেদন প্ৰেৰণ কৰে। এই ইউনিয়োসকলৰ ভিতৰত জাং-গাম আছিল অন্যতম। সিংহাসনৰ বৈধ উত্তৰাধিকাৰীৰ (ভৱিষ্যতৰ ৰজা ইনজং; ১০ মাৰ্চ) জন্মৰ পিছতেই প্ৰসৱোত্তৰ জটিলতাৰ ফলত ১৬ মাৰ্চৰ মাজনিশা ৰাণী জাংগিয়াঙৰ (জাংজঙৰ দ্বিতীয় পত্নী) মৃত্যু হয়। এয়া আছিল নথিত জাং-গামৰ নামৰ প্ৰথম উল্লেখ (০৪ এপ্ৰিল ১৫১৫)। উক্ত আৱেদন ৰজা জাংজঙে অস্বীকাৰ কৰি কৈছিল: "সুৰক্ষিত সন্তান জন্মত (ৰাণীৰ) পালন কৰা ভূমিকাৰ বাবে জাং-গাম এক বৃহৎ কৃতিত্বৰ যোগ্য আছিল, কিন্তু মই এতিয়ালৈকে তেওঁৰ কামৰ বাবে তেওঁক পুৰস্কৃত কৰা নাই, আন কাৰণৰ বাবে। এতিয়া আপোনালোকে (ৰাজসভাৰ বিষয়াসকলে) মোক তেওঁক শাস্তি দিবলৈ কৈছে কিয়নো ৰাণী লৰ মৃত্যু হৈছে, কিন্তু মই সেইটো আৰু লগতে মই তেওঁক পুৰস্কৃতও (৫ এপ্ৰিল ১৫১৫) ৰাজমাও (ৰাণী জিয়ংহাইয়ন) ৰোগৰ পৰা আৰোগ্য হোৱাৰ পিছত জাংজঙে চিকিৎসা বিভাগৰ কৰ্মচাৰীসকলক পুৰস্কৃত কৰা বুলি নথিভুক্ত কৰা হৈছিল। জাং-গামক (লগতে সহকৰ্মী ইউনিয়ো এগৰাকীক) ১০ বস্তা চাউল আৰু ১০ বস্তা বীনেৰে পুৰস্কৃত কৰা হৈছিল। জাংজঙে এক অসুস্থতাৰ পিছত মন্তব্য কৰিছিল: অৱশ্যে, ডেই জাং-গাম আন যিকোনো ইউনিয়োতকৈ ভাল আছিল। ফলস্বৰূপে, তেওঁক ৰজাৰ চোৱাচিতা কৰিবলৈ অনুমতি দিয়া হৈছিল।" (৮ জানুৱাৰী ১৫২৫) নথিসমূহত জাং-গামৰ নামৰ সৈতে সংলগ্ন ডেই (মহান) উপাধি সংযোগ কৰা এইটোৱেই প্ৰথম উদাহৰণ আছিল (২৪ ছেপ্টেম্বৰ ১৫২২)। জাংজঙে তেওঁৰ স্বাস্থ্যৰ অৱস্থা সম্পৰ্কে মন্তব্য কৰি এইদৰে কৈছিল: "মই কেইবামাহৰ ৰোগৰ পৰা আৰোগ্য লাভ কৰিছো। ৰাজকীয় চিকিৎসকসকল প্ৰশংসা আৰু পুৰস্কাৰৰ যোগ্য। ইউনিয়ো ডেই জাং-গাম আৰু কাই-গাম প্ৰত্যেককে ১৫ বস্তা চাউল, ১৫ বস্তা বীন আৰু ১০ জাপ কাপোৰেৰে পুৰস্কৃত কৰা হ'ব।" (৬ মাৰ্চ ১৫৩৩) জাংজঙে এক আদেশ সম্পৰ্কে মন্তব্য কৰিছিল: "চৰ্দি হোৱাৰ পিছৰে পৰা মই দীৰ্ঘদিন ধৰি মোৰ দায়িত্ব পালন কৰিবলৈ সক্ষম হোৱা নাই। কেইদিনমান আগতে, মই এখন শৈক্ষিক সভাত অংশ (দৰ্শনৰ বিষয়ে আলোচনা কৰিবলৈ), কিন্তু ঠাণ্ডা বতৰে মোৰ অৱস্থা অধিক শোচনীয় কৰি তুলিছিল। মই ইতিমধ্যে ৰাজকীয় চিকিৎসক পাৰ্ক চে-জিঅ' আৰু হং চিম, লগতে ইউনিয়ো ডেই জাং-গাম, ইউন-বি, আৰু বাকীসকলক বিধানৰ বিষয়ে ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়াৰ সৈতে আলোচনা কৰিবলৈ (২১ ফেব্ৰুৱাৰী ১৫৪৪) জাংজং পিছত তেওঁৰ চৰ্দি-জ্বৰৰ পৰা আৰোগ্য হৈছিল, আৰু ৰাজবৈদ্য আৰু তেওঁলোকৰ কৰ্মচাৰীসকলক পুৰস্কৃত কৰা বুলি নথিভুক্ত কৰা হৈছিল (০২ মাৰ্চ ১৫৪৪)। ডেই জাং-গামক ৫ বস্তা চাউল আৰু বীনেৰে পুৰস্কৃত কৰা হৈছিল। জাংজঙৰ স্বাস্থ্যসম্পৰ্কে তেওঁলোকৰ অনুসন্ধানসন্দৰ্ভত ৰাজসভাৰ উচ্চ পদস্থ বিষয়া আৰু জাং-গামৰ মাজত হোৱা বাৰ্তালাপ নথিসমূহত লিপিবদ্ধ কৰা হয় (৯ নৱেম্বৰ ১৫৪৪))। জাংজঙে মন্তব্য কৰিছিল (কিছুমান আত্মীয়ই তেওঁৰ সুস্থতাৰ বাবে লিখিত বাৰ্তা প্ৰেৰণ কৰাৰ সন্দৰ্ভত): "মই এতিয়াও কোষ্ঠকাঠিন্যত ভুগি আছোঁ। কি বিধান প্ৰস্তুত কৰা উচিত সেয়া আলোচনাৰ মজিয়াত আছে। মহিলা চিকিৎসকে মোৰ অৱস্থাৰ বিষয়ে সকলো জানে," ইয়াত জাং-গামৰ উদ্ধৃতি সন্নিৱিষ্ট কৰা হৈছে (১০ নৱেম্বৰ ১৫৪৪)। জাংজং আৰোগ্য হোৱা বুলি মন্ত্ৰীসকললৈ বাৰ্তা প্ৰেৰণ কৰা হৈছিল। তাৰ পিছত জাংজঙে উপস্থিত থকা সকলো চিকিৎসা বিষয়াক বন্ধৰ দিন প্ৰদান কৰিছিল। জাংজঙে উল্লেখ কৰিছিল যে জাং-গামে ৰাতিপুৱা তেওঁক সাক্ষাৎ কৰিছিল, আৰু তেওঁ জাং-গামক সকাহ অনুভৱ কৰাৰ কথা কৈছিল (১৩ নৱেম্বৰ ১৫৪৪)। ইয়াৰে ১৬ দিনৰ পিছত (২৯ নৱেম্বৰ) জাংজঙৰ মৃত্যু হয়। জনপ্ৰিয় সংস্কৃতিত দক্ষিণ কোৰিয়াৰ এক দূৰদৰ্শন শৃংখলা হিচাপে জাং-গামৰ জীৱনীভিত্তিক ডেই জাং গাম নামৰ এক শৃংখলা ২০০৩ চনৰ পৰা ২০০৪ চনৰ ভিতৰত প্ৰচাৰিত হয়। এই শৃংখলাক জুৱেল ইন দ্য পেলেচ বুলিও জনা যায়। লি বায়ুং-হুনৰ দ্বাৰা পৰিচালিত এই দূৰদৰ্শন শৃংখলাটো প্ৰথমবাৰৰ বাবে এমবিচিত সম্প্ৰচাৰিত হৈছিল। ইয়াৰ প্ৰতি দৰ্শকৰ গড় ৰেটিং আছিল ৪৫.৮% আৰু সৰ্বাধিক ৰেটিং আছিল ৫৭.১%। ই সৰ্বকালৰ দশম সৰ্বাধিক মূল্যাঙ্কন কৰা কোৰিয়ান নাটক হিচাপে পৰিগণিত হয়। এই শৃংখলাটো পিছত বিশ্বৰ ৯১খন দেশত সম্প্ৰচাৰিত কৰা হয়। শৃংখলাটোৰ নাম ভূমিকাত আছিল লী য়াং-এই। দ্য ফিউজিটিভ অৱ জোছন (হেভেনছ অৰ্ডাৰ: দ্য ষ্টৰী অৱ দ্য ফিউজিটিভ ফ্ৰম জোছন) নামৰ ২০১৩ চনত সম্প্ৰচাৰিত দক্ষিণ কোৰিয়াৰ আন এক দূৰদৰ্শন শৃংখলাটো ডেই-জাং-গামৰ চৰিত্ৰক উপস্থাপন কৰা হৈছিল। তথ্য সংগ্ৰহ
49086
https://as.wikipedia.org/wiki/%E0%A6%9C%E0%A6%AF%E0%A6%BC%E0%A6%AE%E0%A6%A4%E0%A7%80%20%E0%A6%95%E0%A7%81%E0%A6%81%E0%A7%B1%E0%A7%B0%E0%A7%80
জয়মতী কুঁৱৰী
জয়মতী (টাই আহোম উচ্চাৰণ- জাঞমতী ইংৰাজী ১৭শ শতিকা) আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিৰ পত্নী। পতি আৰু দেশৰ হকে জীৱন ত্যাগ কৰাৰ বাবে জয়মতী অসম বুৰঞ্জীৰ এক উল্লেখনীয় চৰিত্ৰ। যেতিয়া এক বিশেষ ৰাজনৈতিক পৰিস্থিতিত পৰি গদাপাণিয়ে ৰজাৰ সৈন্যৰ পৰা পলাই ফুৰিবলগীয়া হৈছিল, জয়মতীয়ে তেওঁৰ ঠিকনা ৰজাৰ সৈন্যক নকৈ বহুদিন ধৰি চাওদাঙৰ শাস্তি খাই মৃত্যুবৰণ কৰিছিল। জয়মতীৰ পুত্ৰ ৰুদ্ৰ ই পৰৱৰ্তী সময়ত মাতৃয়ে শাস্তি লভি মৃত্যুবৰণ কৰা স্থানত জয়সাগৰ নামে এটা পুখুৰী খন্দায় আৰু জয়দৌল নিৰ্মাণ কৰোৱায়। এই কাহিনীটোক কেন্দ্ৰ কৰিয়েই জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰিছিল। ২০০৬ চনত পুনৰ মঞ্জু বৰাৰ পৰিচালনাৰে জয়মতী নামেৰেই আন এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। বংশ-পৰিয়াল বেছিসংখ্যক বুৰঞ্জীবিদৰ মতে জয়মতীৰ পিতৃ আছিল আহোম ৰাজ্যৰ বিষয়ববীয়া লাইথেপেনা বৰগোহাঞি আৰু মাতৃ চন্দ্ৰদাৰু। লাইথেপেনাৰ পিতৃ আছিল লালুকসেন ফুকন আৰু চন্দ্ৰদাৰুৰ পিতৃ আছিল লেচাই বৰগোঁহাই। ৰাজমন্ত্ৰী লাইথেপেনা বৰগোঁহাই ডাঙৰীয়াৰ ২৪ জন পুত্ৰ আৰু ১৩ গৰাকী কন্যা আছিল। ইয়াৰে জয়মতী আছিল প্ৰথম জী। তেখেতৰ কনিষ্ঠ পুত্ৰ আছিল বিখ্যাত চকৰিফেঁটি বুৰঞ্জীৰ প্ৰণেতা নুমলী বৰগোহাঁই। মাদুৰি চহৰ বুলি কলে ৰাজমন্ত্ৰী লাইথেপেনা বৰগোঁহাই বাসস্থান আৰু কুঁৱৰীৰ জন্মস্থান বুলিয়েই বুৰঞ্জীত খ্যাত। শিৱসাগৰৰ পৰা ন কিল'মিটাৰ আঁতৰৰ মাদুৰি গাঁৱত জয়মতীৰ জন্ম হৈছিল। ড॰ সূৰ্যকুমাৰ ভূঞাৰ 'অসম বুৰঞ্জী' উল্লেখ থকা এটা গীতৰ মতে লাইথেপেনা বৰগোহাঞিৰ পত্নী আছিল ১২ গৰাকী, পুত্ৰ আছিল ২৪ জন আৰু জাঞমতীৰ সৈতে কন্যা সন্তান আছিল ১৩ গৰাকী। বৰগোহাঞিৰ পূৰ্বপুৰুষে চুকাফাই অসমলৈ আহি ৰাজ্য স্থাপন কৰা সময়ৰে পৰা বিষয়বাব আৰু মন্ত্ৰিত্ব লাভ কৰি আহিছিল। গদাধৰ সিংহই জয়মতীক বিয়া পতাৰ উপৰিও ল'ৰাৰজা ফাইও বৰগোহাঞিৰ আন এগৰাকী কন্যাক বৰকুঁৱৰী পাতিছিল। বিবাহ কিংবদন্তীমতে এদিন গোবৰ ৰজাৰ পুত্ৰ গদাপাণি কোঁৱৰ মাদুৰীত থকা লাইথেপেনা বৰগোহাঞিৰ ঘৰত উপস্থিত হ'ল। শক্তিশালী যুৱক গদাপাণিৰ খোৱা-লোৱাৰ পৰিমাণো বেছি আছিল। দুপৰীয়া ভোক আৰু ভাগৰত গদাপাণিয়ে বৰগোহাঞিৰ ঘৰত সোমাই যি আছে খাবলৈ বিচাৰিলে। জয়মতী আছিল বৰগোহাঞিৰ জীয়ৰীকেইজনীৰ ভিতৰত ডাঙৰ। গতিকে আলহী সোধাৰ দায়িত্ব জয়মতীৰ ওপৰত পৰিল। জয়মতীয়ে লৰালৰিকৈ গদাপাণিক পঁইতা ভাত আৰু ভাজি খাবলৈ দিলে। আহাৰ গ্ৰহণ কৰি গদাপাণি সন্তুষ্ট হ'ল আৰু জয়মতীৰ সেৱা-সৎকাৰ দেখি অভিভূত হ'ল। এই চিনাকিৰ আলমতে পিছলৈ পিতৃ, পৰিয়াল সকলোৰে অনুমতি সাপেক্ষে গদাপাণি আৰু জয়মতীৰ চকলং প্ৰথামতে বিবাহ সম্পন্ন হয়। ৰাজনৈতিক কন্দল ১৬৭০ চনত চক্ৰধ্বজ সিংহৰ মৃত্যু আৰু ১৬৮১ চনত গদাধৰ সিংহৰ ৰাজাভিষেকৰ মাজৰ সময়ছোৱাত ৰাজপাতত ছজন বেলেগ বেলেগ ৰজা অধিষ্ঠিত হৈছিল। ডেবেৰা বৰবৰুৱাই ষড়যন্ত্ৰ কৰি উদয়াদিত্য সিংহৰ হত্যা কৰোৱাৰ পিছত ৰাজ্যত কুশাসনৰ পাতনি মেলে। প্ৰতিদ্বন্দ্ব্ব্বীসকলক হত্যা কৰা হ'ল, প্ৰভাৱশালী কোঁৱৰসকলৰ অঙ্গক্ষত কৰা হ'ল আৰু ৰাজবিষয়াক ইচ্ছামতে আঁতৰাই পঠোৱা হ'ল। আন কিছুমান বিষয়াই ৰাজধানীলৈ গৈ ডেবেৰাক ধৰি মৃত্যুদণ্ড বিহে আৰু তেওঁলোকৰ পছন্দৰ কোঁৱৰ এজনক ৰাজপাটত বহুৱায়। প্ৰধান মন্ত্ৰী আতন বৰগোহাঁইয়ে ৰাজনৈতিক পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। তেওঁক দুবাৰকৈ ৰজা হোৱাৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও অস্বীকাৰ কৰে। আতন বৰগোহাঁই আৰু গুৱাহাটীৰ ৰাজবিষয়া লালুকসোলা বৰফুকনৰ মাজত মতাদৰ্শ আৰু ৰাজনৈতিক প্ৰতিদ্বন্দ্ব্ব্ব্বিতা বাঢ়ি আহে। লালুকসোলা বৰফুকনে ৰাজশক্তি অধিকাৰ ৰখাৰ স্বাৰ্থত বঙ্গৰ শাসক চুলতান আজমতৰাৰ লগত গুৱাহাটী মোগলৰৰ হাতলৈ হস্তান্তৰ কৰাৰ চক্ৰান্ত কৰে। বিনিময়ত তেওঁক চাৰি লাখ টকা আৰু স্বৰ্গদেউ হোৱাৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়া হয়। সেইমতেই তেওঁ ১৬৭৯ চনত গুৱাহাটী নবাব মনচুৰ খানৰ হাতত সঁপি দিয়ে যাক চুলতানে ফৌজাদাৰ পাতে। ইয়াৰ পিছত লালুকসোলা দলেবলে গড়গাঁৱলৈ গৈ আতন বৰগোহাঁইক হত্যা কৰে আৰু চৈধ্য বছৰীয়া ফা বা ল'ৰা ৰজাক নামত স্বৰ্গদেউ পাতে। তেওঁ নিজৰ পাঁচ বছৰীয়া কন্যাক ল'ৰা ৰজালৈ বিয়া দিয়ে আৰু 'বুঢ়াফুকন' নামৰ নতুন পদ এটা সৃষ্টি কৰি ৰজাৰ হৈ শাসনভাৰ চম্ভালে। প্ৰতিদ্বন্দ্ব্ব্ব্বিতাৰ আশঙ্কা কৰি তেওঁ অঙ্গত খুঁত থকা কোঁৱৰ ৰজা হ'ব নোৱাৰা নিয়মৰ সুযোগ লৈ ৰজা হোৱাৰ উপযুক্ত কোঁৱৰসকলক শাস্তি বিহাত লিপ্ত হয়। আত্মত্যাগ জয়মতীয়ে বিশ্বাস কৰিছিল যে লালুকসোলাৰ স্বেচ্ছাচাৰী শাসনৰ ওৰ পেলাই গদাপাণিয়ে এদিন ৰাজ্যলৈ শান্তি ঘূৰাই আনিব পাৰিব। সেইবাবে ৰজাৰ চোৰাংচোৱাই ধৰাৰ আগতেই তেওঁ গদাপাণিক ঘৰ এৰি পলাই যাবলৈ অনুৰোধ কৰে। বুৰঞ্জীৰ মতে ঘৰ এৰি যাওঁতে গ্দাপাণিয়ে পত্নী জয়মতী আৰু দুই পুত্ৰ লাই-লেচাইক এৰি গৈছিল। কিন্তু হৰকান্ত বৰুৱাৰ মতে গদাপাণিয়ে জয়মতী লগত পলাই গৈ অৰণ্যত সৰু ঘৰ এটা সাজি আছিলগৈ। কিন্তু সেই ঠাইত ৰজাৰ সৈন্য উপস্থিত হোৱাত জয়মতীৰ অনুৰোধত তেওঁ পলাই যায়। এইখিনি কথাৰ উল্লেখ আন কোনো বুৰঞ্জীত নাই। ঘৰৰ পৰা পলাই গৈ গদাপাণি কেইদিনমান মেটেকাত বগী বৰপোহাৰীৰ ঘৰত আছিলগৈ। তাৰ পিছত তেওঁ নগা পাহাৰত আশ্ৰয় লয়। গদাপাণিক বিচাৰি নাপাই ৰজাৰ সৈন্যই জয়মতীকে ধৰি নিয়ে। ৰাজসভাত থিয় কৰাই সোধ-পোচ কৰাৰ পিছতো গদাপাণিৰ ঠিকনা নাপাই লালুকসোলাই ভাবিলে যে পত্নীক ৰাজহুৱাকৈ অত্যাচাৰ কৰিলে গদাপাণিয়ে নিজেই আহি ধৰা দিব। সেইমতে জেৰেঙা পথাৰত কোটকোৰা গছত বান্ধি লৈ চাওদাঙৰ হতুৱাই জয়মতীক নানা প্ৰকাৰৰ শাস্তি প্ৰদান কৰা হ'ল। ইয়াৰ পিছতো জয়মতীয়ে স্বামীৰ বাতৰি ক'বলৈ অমান্তি হয়। এই শাস্তিৰ বাতৰি গদাপাণিৰ কাণত পৰাত তেওঁ ছদ্মবেশেৰে নগা পাহাৰৰ পৰা জেৰেঙা পথাৰলৈ আহে। এজন অচিনাকি মানুহৰ ৰূপত তেওঁ জয়মতীক শাস্তি খোৱাতকৈ স্বামীৰ কথা কৈ দিবলৈ অনুৰোধ কৰে। কিন্তু জয়মতীয়ে তেওঁক চিনিব পাৰি আঁতৰি যাবলৈ কয়। ১৪ দিনৰ নিৰ্যাতন সহ্য কৰি ১৬০১ শকৰ ১৩ চ'ত বা ১৬৭৯ খ্ৰীষ্টাব্দৰ ২৭ মাৰ্চত জয়মতীৰ মৃত্যু হয়। দুতিৰাম হাজৰিকাৰ 'অসমৰ পদ্য বুৰঞ্জী'ত উল্লেখ থকা মতে লাই-লেচাইৰ লগতে জয়মতীৰ এগৰাকী কন্যাও আছিল। তাইকো মাকৰ লগত চাওদাঙে হত্যা কৰিছিল। আনহাতে ড॰ সূৰ্যকুমাৰ ভূঞাৰ মতে মৃত্যুৰ সময়ত জয়মতী সগৰ্ভা আছিল। গদাধৰ সিংহ আৰু ৰুদ্ৰসিংহৰ শাসন জয়মতীৰ মৃত্যুৰ দুবছৰ পিছত ল'ৰাৰজাৰ স্বেচ্ছাচাৰী শাসনৰ অন্ত পেলাই ১৬৮১ খ্ৰীষ্টাব্দত গদাপাণি আহোম ৰাজ্যৰ ৰজা হয়। তেওঁ টাই নাম ফা আৰু হিন্দু নাম গদাধৰ সিংহ গ্ৰহণ কৰে। ১৬৮১ চনৰ পৰা ১৬৯৬ চনলৈ তেওঁৰ শাসনকালত অসমৰ শান্তি ঘূৰি আহে। প্ৰথমেই তেওঁ গুৱাহাটীৰ পৰা মনচুৰ খানক আঁতৰাবলৈ সৈন্য পঠিয়ায়। ১৬৮২ চনত ইটাখুলিৰ ৰণত আহোমসকলে মোগলৰ পৰা গুৱাহাটী পুনৰুদ্ধাৰ কৰে। গদাধৰ সিংহৰ পিছত ১৬৯৬ খ্ৰীষ্টাব্দত তেওঁৰ বৰপুত্ৰ লাই ৰাজপাটত উঠি চুখ্ৰুংফা বা ৰুদ্ৰ সিংহ নাম লয়। তেওঁক আহোমৰ শ্ৰেষ্ঠ ৰজা বুলি অভিহিত কৰা হয়। মাকৰ স্মৃতি ৰক্ষাৰ্থে তেওঁ ১৬৯৭ খ্ৰীষ্টাব্দত জেৰেঙা পথাৰৰ ঠাইটুকুৰাত জয়সাগৰ পুখুৰী খন্দোৱায় আৰু তাৰ পাৰতে জয়দৌল নিৰ্মাণ কৰোৱায়। ৰুদ্ৰসিংহই ১৭০৪-০৫ চনত জয়সাগৰ পুখুৰীৰ পাৰত শিৱ মন্দিৰৰ সন্মুখত ফাকুৱা দৌলো সজায়। কোৱা হয় যে জয়মতীৰ স্মৃতিতে মৈদামৰ দৰে এইটো নিৰ্মাণ কৰাই ভিতৰত তেওঁৰ মূৰ্ত্তি প্ৰতিষ্ঠা কৰা হৈছিল। ঐতিহ্য জয়মতীৰ আত্মত্যাগে সমাজলৈ সুস্থিৰতা ঘূৰাই অনাৰ লগতে জাতীয় জীৱনৰ প্ৰতিটো দিশলৈ সুস্থিৰতা আনে। অসমত প্ৰতি বছৰৰ ১৩ চ'ত তাৰিখে (২৭ মাৰ্চ') জয়মতীৰ এই মহান ত্যাগক স্মৰণ কৰি "জয়মতী দিৱস" অনুষ্ঠিত কৰা হয়। শেহতীয়াকৈ অসম চৰকাৰে জয়মতীৰ নামত ২০১৩ চনৰ পৰা এটা বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে চাওক আহোম ৰাজবংশ আহোম সাম্ৰাজ্য তথ্য সংগ্ৰহ বাহ্যিক সংযোগ অসমৰ ব্যক্তি আহোম
76304
https://as.wikipedia.org/wiki/%E0%A6%A1%E0%A7%87%E0%A6%AD%E0%A6%BF%E0%A6%A6%20%E0%A6%AE%E0%A7%87%E0%A6%95%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A6%A8
ডেভিদ মেকমিলান
ডেভিদ উইলিয়াম ক্ৰছ মেকমিলান জন্ম: ১৬ মাৰ্চ ১৯৬৮) এজন স্কটিছ ৰসায়নবিদ আৰু জেমছ এছ মেকডনেল প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ বিশিষ্ট অধ্যাপক। তেওঁ ২০১০ চনৰ পৰা ২০১৫ চনলৈ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০২১ চনত তেওঁ বেঞ্জামিন লিষ্টৰ সৈতে যুটীয়াভাৱে "অসমমিত জৈৱঅনুঘটকৰ বিকাশৰ বাবে" ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ১৯৬৮ চনৰ ১৬ মাৰ্চ তাৰিখে স্কটলেণ্ডৰ বেলচিলত ডেভিদ মেকমিলানৰ জন্ম হৈছিল। তেওঁ নিউ ষ্টিভেনষ্টনত ডাঙৰ দীঘল হৈছিল। তেওঁ গ্লাছগো বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। গ্লাছগো বিশ্ববিদ্যালয়ত তেওঁ এৰ্নি কলভিনৰ সৈতে গৱেষণা কৰিছিল। ১৯৯০ চনত তেওঁ ইৰভিনৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক লেৰী অভাৰমেনৰ নিৰ্দেশনাত ডক্টৰেট ডিগ্ৰীৰ বাবে গৱেষণা আৰম্ভ কৰিবলৈ যুক্তৰাজ্য ত্যাগ কৰে। এই সময়ছোৱাত তেওঁ বাইচাইক্লিক টেট্ৰাহাইড্ৰফুৰানৰ ষ্টিৰিঅ'নিয়ন্ত্ৰিত গঠনৰ দিশত নিৰ্দেশিত নতুন প্ৰতিক্ৰিয়া পদ্ধতিৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। মেকমিলানৰ অধ্যয়নৰ স্বৰূপে ৭-(−)-ডিএচিটোক্সিয়েলচাইনিন এচিটেটৰ মুঠ সংশ্লেষণ কৰিছিল। ই এবিধ কোমল প্ৰবাল ইউনিচেলা ষ্ট্ৰিক্টাৰ পৰা পৃথক কৰা এক প্ৰকাৰৰ ইউনিচেলিন ডাইটাৰপেনইড। তেওঁ ১৯৯৬ চনত পিএইচডি ডিগ্ৰী লাভ কৰে। কৰ্মজীৱন আৰু গৱেষণা পিএইচডি লাভ কৰাৰ পিছত মেকমিলানে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপক ডেভিড ইভান্সৰ সৈতে পদভাৰ গ্ৰহণ কৰে। তেওঁৰ পোষ্টডক্টৰেল অধ্যয়ন এনাণ্টিঅচিলেটিভ কেটালাইচিছৰ ওপৰত কেন্দ্ৰিত আছিল। তেওঁ বিশেষকৈ এছএন(২)-উৎপন্ন বাইচক্সাজোলাইন কমপ্লেক্স (এছএন(আইআই)বক্স)ৰ ডিজাইন আৰু বিকাশত যথেষ্ট অৰিহণা আগবঢ়াইছিল। মেকমিলানে ১৯৯৮ চনৰ জুলাই মাহত কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলেত ৰসায়ন অনুষদৰ সদস্য হিচাপে তেওঁৰ স্বতন্ত্ৰ গৱেষণা জীৱন আৰম্ভ কৰে। তেওঁ ২০০০ চনৰ জুন মাহত কেলটেকৰ ৰসায়ন বিভাগত যোগদান কৰে আৰু ইয়াত তেওঁৰ গোটৰ গৱেষণাৰ আগ্ৰহ এণ্টিঅ'চিলেটিভ কেটালাইচিছৰ নতুন পদ্ধতিৰ ওপৰত কেন্দ্ৰিত আছিল। ২০০৪ চনত তেওঁ কমিউনিটিৰ ইৰলে চি এন্থনী প্ৰফেচাৰ হিচাপে নিযুক্ত হয়। তেওঁ ২০০৬ চনৰ ছেপ্টেম্বৰত প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ জেমছ এছ মেকডনেল বিশিষ্ট অধ্যাপক পদত অধিষ্ঠিত হয়। তেওঁক জৈৱঅনুঘটকৰ অন্যতম প্ৰতিষ্ঠাপক বুলি গণ্য কৰা হয়। ২০০০ চনত মেকমিলানে সৰু জৈৱিক অণু ৰচনা কৰিছিল আৰু এইবোৰে ইলেক্ট্ৰন প্ৰদান বা গ্ৰহণ কৰিব পাৰে বাবে দক্ষতাৰে প্ৰতিক্ৰিয়া অনুপ্ৰেৰিত কৰিব পাৰে। তেওঁ বিকশিত কৰা অনুঘটক সমূহে অসমঅনুঘটক কাৰ্যকৰী কৰিব পাৰে। তেওঁৰ আৱিষ্কাৰে প্ৰতিক্ৰিয়া সোঁ-হাতৰ সংস্কৰণতকৈ এটা অণুৰ বাওঁহাতৰ সংস্কৰণ অধিক প্ৰস্তুত কৰে বা ইয়াৰ বিপৰীতে কাৰ্য কৰে। মেকমিলানৰ গৱেষণা গোটে অসমতামূলক জৈৱঅনুঘটকৰ ক্ষেত্ৰত বহুতো অগ্ৰগতি লাভ কৰিছে আৰু তেওঁলোকে এই নতুন পদ্ধতিবোৰ বিভিন্ন জটিল প্ৰাকৃতিক সামগ্ৰীৰ সংশ্লেষণত প্ৰয়োগ কৰিছে। তেওঁ কিৰাল ইমিডাজোলাডিনোন অনুঘটক বিকশিত কৰিছিল। বিভিন্ন অসমতা সংশ্লেষণত মেকমিলান অনুঘটক ব্যৱহাৰ কৰা হয়। উদাহৰণৰ স্বৰূপে ডাইলছ-এল্ডাৰ প্ৰতিক্ৰিয়া, ১,৩-ডিপোলাৰ চাইক্ল'এডিচন, ফ্ৰিডেল-ক্ৰাফ্টছ এলকাইলেচন বা মাইকেল সংযোজন ইত্যাদি। ২০১০ চনৰ পৰা ২০১৪ চনলৈ মেকমিলান ৰয়েল চছাইটি অফ কেমিষ্ট্ৰীৰ দ্বাৰা প্ৰকাশিত ধ্বজবাহী সাধাৰণ ৰসায়ন আলোচনী কেমিকেল চাইন্স আলোচনীখনৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক আছিল। বঁটা আৰু সন্মান ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ডেভিদ মেকমিলানে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। ২০০২ চনত তেওঁ স্লোয়ান ৰিচাৰ্চ ফেলোশ্বিপ লাভ কৰিছিল। ২০০৪ ৰয়েল ইনষ্টিটিউট অৱ কেমিষ্ট্ৰীৰ কৰ্ডে-মৰ্গান পদক কৰে। তেওঁ ২০১২ চনত ৰয়েল চছাইটি আৰু আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্সেছৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ২০১৩ ৰয়েল চছাইটি অৱ এডিনবাৰ্গৰ এজন সংশ্লিষ্ট ফেলো নিৰ্বাচিত হয়। ইয়াৰ উপৰিও তেওঁ ২০১৫ চনত হেৰিচন হোৱে বঁটা আৰু ২০১৭ চনত ৰয়োজি নুৰি পুৰস্কাৰ লাভ কৰে। ২০১৮ চনত ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সদস্য নিৰ্বাচিত হয়। ২০২১ চনত তেওঁ বেঞ্জামিন লিষ্টৰ সৈতে যুটীয়াভাৱে "অসমমিত জৈৱঅনুঘটকৰ বিকাশৰ বাবে" ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে। তথ্য উৎস বাহ্যিক 
74384
https://as.wikipedia.org/wiki/%E0%A6%9C%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BE%E0%A7%B0%20%E0%A6%AA%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%95
জেণ্ডাৰ পাৰ্ক
জেণ্ডাৰ পাৰ্ক আক্ষৰিক ভাবে 'লিংগ উদ্যান) ২০১৩ চনত কেৰালা চৰকাৰৰ দ্বাৰা স্থাপিত ৰাজ্যখনত লিংগ সমতা আৰু সৱলীকৰণৰ দিশত কাম কৰাৰ এক পদক্ষেপ। ইয়াৰ মুখ্য কাৰ্যালয় ৰাজ্যখনৰ ৰাজধানী তিৰুৱন্তপুৰমত অৱস্থিত। ইয়াৰ মুখ্য ২৪ একৰ চৌহদ চিলভাৰ হিলচ, কোজিকোড (কালিকট)ত স্থাপন কৰা হৈছে। লিংগ ন্যায়ৰ ওপৰত গুৰুত্ব দিয়াৰ সৈতে ই হৈছে নীতি বিশ্লেষণ, গৱেষণা, ওকালতি, ক্ষমতা বিকাশ, অৰ্থনৈতিক আৰু সামাজিক পদক্ষেপৰ বাবে এক উমৈহতীয়া মঞ্চ। কেৰালা চৰকাৰৰ সামাজিক ন্যায় বিভাগৰ অধীনত ইয়াক স্থাপন কৰা হৈছিল আৰু ই হৈছে বিশ্বত এনে ধৰণৰ প্ৰথম স্থান। বৰ্তমান এই পদক্ষেপ মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত। ইয়াৰ লক্ষ্য হৈছে লিংগ সম্পৰ্কীয় কাৰ্যকলাপৰ বাবে এক মুখ্য একত্ৰীকৰণ বিন্দু হিচাপে পৰিগণিত হোৱা। শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ মহিলা আৰু জেণ্ডাৰ পাৰ্কে উদ্যানখনক লিংগ সমতাৰ বাবে দক্ষিণ এছিয়াৰ কেন্দ্ৰ হিচাপে বিকশিত কৰিবলৈ সমান অংশীদাৰীত্ব তৈয়াৰ কৰিছে। লক্ষ্য জেণ্ডাৰ পাৰ্কে প্ৰাসঙ্গিক হস্তক্ষেপ সৃষ্টি কৰাৰ দিশত কাম কৰে যি বিভিন্ন লিংগ-আধাৰিত সমস্যা সমাধান কৰাত সহায় কৰে। ইয়াত চৌহদৰ ভিতৰৰ লগতে চৌহদৰ বাহিৰৰ কাৰ্যকলাপ দুয়োটা অন্তৰ্ভুক্ত আছে। ইয়াত বিভিন্ন প্ৰকল্প অন্তৰ্ভুক্ত থাকে যি হস্তক্ষেপৰ প্ৰণালী ৰচনা কৰোঁতে লিংগ লেন্স গ্ৰহণ কৰি ব্যক্তি আৰু সম্প্ৰদায়ক শক্তিশালী কৰাৰ দিশত কাম কৰে। ইয়াৰ লক্ষ্য হৈছে লিংগ ন্যায়ৰ ক্ষেত্ৰত চৰকাৰী পদক্ষেপৰ ওপৰত প্ৰতিবেদন, মূল্যাঙ্কন আৰু পৰামৰ্শ প্ৰদান কৰি বিশেষভাৱে ৰাজ্যৰ ক্ষমতা আৰু দক্ষতা বৃদ্ধি কৰা। মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত এক পঞ্জীভুক্ত সমাজ হিচাপে এই পৰামৰ্শবোৰ চৰকাৰে কাৰ্যকৰী কৰাটো চাবলৈ অনন্যভাৱে অৱস্থিত। উদ্যোগসমূহ লিংগ সমতাৰ ওপৰত আন্তৰ্জাতিক সন্মিলন জেণ্ডাৰ পাৰ্কৰ দ্বাৰা পৰিচালিত লিংগ সমতাৰ ওপৰত আন্তৰ্জাতিক সন্মিলন হৈছে এক শৃংখলাবদ্ধ সন্মিলন যি লিংগ সমতা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰাৰ বাবে আৰু সজাগতা বৃদ্ধিৰ বাবে এক আন্তৰ্জাতিক মঞ্চ প্ৰদান কৰে। সন্মিলনখনে কিছুমান বিদ্বান আৰু বিশিষ্ট ব্যক্তিক মঞ্চলৈ মত প্ৰকাশ কৰিবলৈ আৰু লিংগ সমতাৰ চাৰিওফালে শৈক্ষিক তথা বিকাশৰ প্ৰত্যাহ্বানৰ ওপৰত চিন্তা-চৰ্চা কৰিবলৈ আমন্ত্ৰণ জনায়। ২০১৫ চনৰ নৱেম্বৰ মাহত জেণ্ডাৰ পাৰ্কে ৰাষ্ট্ৰসংঘ মহিলাৰ সহযোগত আৰু ইউএনএফপিএৰ আৰ্থিক সহযোগিতাত প্ৰথমখন সন্মিলন (আইচিজিই-1) আয়োজন কৰিছিল। আইচিজিইৰ প্ৰথম সংস্কৰণে লিংগ, শাসন আৰু অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। কৰ্মশালাত অন্তৰ্ভুক্তিৰ বিষয়বোৰ গভীৰভাৱে আলোচনা কৰা হৈছিল। ইয়াত কেৰালা চৰকাৰে ট্ৰেন্সজেণ্ডাৰসকলৰ বাবে ৰাজ্য চৰকাৰৰ ২০১৫ চনৰ নীতি আৰম্ভ কৰিছিল। এই নীতি আৰম্ভণিৰ পিছত এটা পেনেলত ট্ৰেন্স সম্প্ৰদায়ৰ ব্যক্তিসকলে তেওঁলোকৰ জীৱনত নীতিটোৰ প্ৰাসংগিকতাৰ বিষয়ে মত প্ৰকাশ কৰিছিল। শেষত সন্মিলনখনৰ এখন বিবৃতি জাৰী কৰা হৈছিল আৰু বিশ্বব্যাপী প্ৰচাৰ কৰা হৈছিল। ২০২১ চনৰ ১১, ১২ আৰু ১৩ ফেব্ৰুৱাৰীত কোজিকোডৰ জেণ্ডাৰ পাৰ্ক চৌহদত 'জেণ্ডাৰ ইন চাষ্টেনেবল এণ্টাৰপ্ৰেনিয়ৰশ্বিপ এণ্ড ছ'চিয়েল বিজনেছ: দ্য মেডিয়েটিং ৰোল অৱ এমপাৱাৰমেণ্ট' শীৰ্ষক দ্বিতীয় সন্মিলন আইচিজিই-২ অনুষ্ঠিত হৈছিল। আইচিজিই ২ ৰাষ্ট্ৰসংঘ মহিলাৰ সৈতে অংশীদাৰীত্বত আয়োজন কৰা হৈছিল। গোলকীয় বৈঠকত আঠটা পূৰ্ণাংগ অধিৱেশন আৰু নটা সমান্তৰাল অধিৱেশন আছিল। তিনিদিনীয়া সন্মিলনখন কঠোৰভাৱে ক'ভিড-১৯ সুৰক্ষা বিধিৰ দ্বাৰা আয়োজিত কৰা হৈছিল। ২০খন দেশৰ ৯০ জনতকৈও অধিক বক্তাই শাৰীৰিক আৰু দূৰৱৰ্তী ভাৱে সন্মিলনত অংশগ্ৰহণ কৰিছিল। সন্মিলনখনে কাৰ্বন নিৰপেক্ষতা অৰ্জন কৰে আৰু কেৰালাৰ প্ৰথম কাৰ্বন-নিৰপেক্ষ অনুষ্ঠান হিচাপে পৰিগণিত হয়। ইণ্টাৰনেচনেল ইনষ্টিটিউট ফৰ জেণ্ডাৰ এণ্ড ডেভেলপমেণ্ট (আইআইজিডি)- ৱাইজ ফেল'শ্বিপ জেণ্ডাৰ পাৰ্কৰ গৱেষণা আৰু শিক্ষণ উপাদানৰ লক্ষ্য হৈছে বহুমুখী গৱেষণা, তত্ত্বাৱধান, আৰু নীতিগত হস্তক্ষেপৰ বাবে সমৰ্পিত কৰা। ইয়াৰ লক্ষ্য হৈছে নীতি নিৰ্মাতাসকলৰ বাবে উদ্ভাৱনীমূলক কিন্তু সম্ভৱ পৰামৰ্শ প্ৰদান কৰাৰ বাবে উচ্চ মানদণ্ডৰ গৱেষণা আৰু কাৰ্যকৰী ক্ষমতা বিকাশ কৰা। শিক্ষাৰ্থীসকলক লিংগ তত্ত্ব আৰু অনুশীলনৰ বিষয়ে শিক্ষিত কৰাৰ উপৰিও ইয়াৰ বৃহত্তৰ লক্ষ্য হৈছে সকলোৰে বাবে ন্যায়সঙ্গত আৰু সামগ্ৰিক সমাজ গঢ়ি তোলা। ই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়সমূহৰ সৈতে অংশীদাৰীত্বত বহনক্ষম উদ্যোগত মহিলা (ৱাইএছই) ফেল'শ্বিপ কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে যিটো ২০২১ চনত আৰম্ভ হ'ব। উদীয়মান মহিলা উদ্যোগীসকলৰ বাবে প্ৰয়োজনীয় আৰ্থিক সাহায্য বিচাৰি উলিওৱা আৰু তেওঁলোকৰ উদ্যোগ বৃদ্ধি কৰাৰ বাবে ৱাইএছই হৈছে এক উল্লেখযোগ্য মঞ্চ। এই ধাৰণাটো হৈছে ওপৰোক্ত উদ্যোগীসকলক ফেল'সকলৰ আৰ্থিক সাহায্য প্ৰদান কৰা। ইয়াৰ লগতে তেওঁলোকক বিভিন্ন পৰ্যায়ৰ জৰিয়তে বহনক্ষম প্ৰকল্প গ্ৰহণকৰাৰ সকলো দিশত কঠোৰ প্ৰশিক্ষণ দিয়া হ'ব যাৰ ভিতৰত আছে আমোলাতান্ত্ৰিক, ব্যৱসায়িক প্ৰক্ৰিয়া, সৃষ্টিশীল চিন্তা, গ্ৰাহক অধিগ্ৰহণ ইত্যাদি। আন্তৰ্জাতিক মহিলা বাণিজ্য কেন্দ্ৰ আন্তৰ্জাতিক মহিলা বাণিজ্য কেন্দ্ৰ হৈছে এক উচ্চাভিলাষী পদক্ষেপ আৰু ই হ'ব এক প্ৰথম প্ৰকাৰৰ বাণিজ্য কেন্দ্ৰ যি ব্যৱসায়ত মহিলাসকলৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তা পূৰণ কৰে। এই প্ৰকল্পটো হৈছে উদ্যোগৰ বিকাশৰ বাবে এক সুৰক্ষিত আৰু বহনক্ষম পৰিৱেশ সৃষ্টি কৰাৰ বাবে জেণ্ডাৰ পাৰ্কৰ প্ৰতিশ্ৰুতি, ব্যৱসায়, বাণিজ্য, জীৱনশৈলী, আৰু মহিলাসকলৰ বাবে এক সাংস্কৃতিক কেন্দ্ৰ। আন্তৰ্জাতিক মহিলা বাণিজ্য কেন্দ্ৰয়ে এক একক খুচুৰা আৰু ব্যৱসায় সমৰ্থন কেন্দ্ৰ হোৱাৰ পৰিকল্পনা কৰিছে। মহিলাসকলক তেওঁলোকৰ সামগ্ৰিক বিকাশৰ বাবে তেওঁলোকৰ অৰ্থনৈতিক, সামাজিক আৰু স্বাস্থ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰাটো নিশ্চিত কৰিবলৈ ব্যৱসায়ত হাত তৈয়াৰ কৰা আৰু উৎসাহিত কৰা ইয়াৰ মূল লক্ষ্য। জেণ্ডাৰ লাইব্ৰেৰী জেণ্ডাৰ পাৰ্ক চৌহদৰ অত্যাধুনিক জেণ্ডাৰ লাইব্ৰেৰী বা লিংগ পুথিভঁৰালৰ লক্ষ্য হৈছে কাৰ্যকৰী জ্ঞান ব্যৱস্থাপনাৰ জৰিয়তে লিংগ আৰু বিকাশত বৰ্ধিত বৃত্তি সমৰ্থন কৰা। ই লিংগৰ ওপৰত স্থানীয়, ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী জ্ঞান সংগ্ৰহ, সৃষ্টি আৰু প্ৰচাৰৰ বাবে এক ভঁৰাল। এই পুথিভঁৰালটো লিংগ, যৌনতা আৰু নাৰীবাদী দৃষ্টিভংগী সামৰি বিভিন্ন বিষয়ৰ সাহিত্যৰ বাবে এক কেন্দ্ৰীয় প্ৰসংগ হ'ব যাতে এনে সামগ্ৰীৰ উন্নত প্ৰৱেশাধিকাৰ প্ৰদান কৰা যায়। জেণ্ডাৰ মিউজিয়াম জেণ্ডাৰ মিউজিয়াম বা লিংগ সংগ্ৰাহালয় হৈছে মহিলাৰ ইতিহাসৰ বিষয়ে এটা যাত্ৰা প্ৰদৰ্শন কৰাৰ এক প্ৰচেষ্টা আৰু লিংগ ইতিহাসক দৃষ্টিকোণত ৰাখিবলৈ আৰ্কাইভ হিচাপে কাম কৰা এক অনুষ্ঠান। ই কেৰালাৰ স্থিতিস্থাপক মহিলাসকলৰ ইতিহাস, তেওঁলোকৰ জীৱন্ত অভিজ্ঞতা আৰু মহিলাৰ অধিকাৰৰ ওপৰত বৃহত্তৰ আলোচনাত তেওঁলোকে কিমান অৰিহণা যোগাইছে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে শ্বি টেক্সি শ্বি-টেক্সি ইয়াৰ প্ৰাথমিক অফ-কেম্পাছ উদ্যোগ। ই আন্তৰ্জাতিক ভাৱে প্ৰশংসিত চলিত প্ৰকল্প। এই প্ৰকল্পয়ে মহিলাসকলৰ অৰ্থনৈতিক সৱলীকৰণৰ ওপৰত গুৰুত্ব দিয়ে। ই হৈছে ভাৰতত এনে ধৰণৰ প্ৰথম আৰ্হি য'ত মহিলাসকল তেওঁলোকৰ বাহনৰ গৰাকী আৰু চালক। প্ৰকল্পটো গাড়ী চলোৱাৰ অগতানুগতিক বজাৰত প্ৰৱেশ কৰিছিল আৰু মহিলাসকলক আৰ্থিকভাৱে নিজৰ ভৰণপোষণৰ বাবে উদ্যোগী হোৱাত পৰিণত কৰিছিল। এই সেৱায়ে মহিলাসকলৰ জীৱিকাৰ সহায়ক হিচাপে থিয় দিয়াৰ লগতে কেৰালাৰ বহুসংখ্যক মহিলা ভ্ৰমণকাৰীক সুৰক্ষা প্ৰদান কৰিছিল। ইয়াৰ উপৰিও এই মহিলা উদ্যোগীসকলে ফ্লীট অপাৰেটৰৰ দ্বাৰা সমৰ্থিত শ্বি টেক্সি ফেডাৰেচনৰ জৰিয়তে কামবোৰ পৰিচালনা কৰে। ইয়াৰ পিছত ই বিশ্বজুৰি কেইবাটাও সন্মান লাভ কৰিছে। ইয়াৰ ভিতৰত ভিয়েটনামৰ বিশ্ব বেংকৰ দ্বাৰা পৰিবহণত দক্ষিণ এছিয়াৰ অধ্যয়ন ভ্ৰমণত বিশেষ উল্লেখ আৰু ২০১৪ চনত ৰাজহুৱা নীতিত উদ্ভাৱনৰ বাবে মুখ্যমন্ত্ৰী বঁটা উল্লেখযোগ্য। ২০২০ চনৰ ১১ মে' তাৰিখে বৃহত্তৰ গ্ৰাহকৰ বাবে সেৱা আৰম্ভ হোৱাৰ সৈতে শ্বি টেক্সি পুনৰ মুকলি কৰা হৈছিল আৰু এই সেৱা কেৰালাৰ সকলো ১৪খন জিলালৈ সম্প্ৰসাৰিত কৰা হৈছে। ক'ভিড-১৯ সময়ত সহায় ক'ভিড-১৯ মহামাৰীৰ লকডাউনৰ সময়ত শ্বি টেক্সিৰ মহিলাসকলে ঔষধৰ প্ৰয়োজন হোৱা বা চিকিৎসালয়লৈ যাত্ৰা কৰিব লগা বৃদ্ধ নাগৰিকসকলক তেওঁলোকৰ সেৱা প্ৰদান কৰিছিল। এই সেয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ নাগৰিকসকলক বিনামূলীয়াকৈ আৰু আনক আধা হাৰত প্ৰদান কৰা হৈছিল। ক'ভিড-১৯ৰ পৰিস্থিতিৰ কথা মনত ৰাখি চেনিটাইজাৰ, মাস্ক আৰু সামাজিক দূৰত্বৰ দৰে পদক্ষেপ নিশ্চিত কৰি সেৱা প্ৰদান কৰা হৈছিল। তথ্য উৎস চৰকাৰী
74138
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%BF%E0%A6%A4%E0%A6%BE%20%E0%A6%A6%E0%A6%BE%E0%A6%B8
নন্দিতা দাস
নন্দিতা দাস জন্ম ৭ নৱেম্বৰ ১৯৬৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ দহটা ভিন্ন ভাষাত ৪০ খনতকৈও অধিক ফিচাৰ ফিল্মত অভিনয় কৰিছে। তেওঁ 'ফায়াৰ' (১৯৯৬), 'আৰ্থ' (১৯৯৮), 'বৱান্দৰ' (২০০০), 'কন্নাথিল মুথামিত্তাল' (২০০২), 'আঝাগি' (২০০২), 'কমলি' (২০০৬), আৰু 'বিফ'ৰ দ্য ৰেইনছ' (২০০৭) আদি চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে প্ৰশংসা লাভ কৰিছিল। টৰণ্টো চলচ্চিত্ৰ মহোৎসৱত তেওঁ পৰিচালনা কৰা প্ৰথমখন চলচ্চিত্ৰ 'ফিৰাক'ৰ (২০০৮) প্ৰিমিয়াৰ সম্পন্ন হৈছিল। ইয়াক ৫০ খনতকৈও অধিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হৈছিল আৰু ই ২০ টাতকৈও অধিক বঁটা লাভ কৰিছিল। পৰিচালক হিচাপে তেওঁৰ দ্বিতীয়খন চলচ্চিত্ৰ আছিল 'মাণ্টো' (২০১৮)। বিংশ শতিকাৰ ভাৰতীয়-পাকিস্তানী চুটি গল্প লেখক সদাত হাছান মাণ্টোৰ জীৱনৰ ওপৰত আধাৰিত এই ছবিখন 'আন চাৰ্টেইন ৰিগাৰ্ড' শাখাত চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল। ২০১৯ চনৰ ছেপ্টেম্বৰত নন্দিতা দাসে 'ইণ্ডিয়াজ গট কালাৰজ' শীৰ্ষক দুই মিনিটৰ পাব্লিক চাৰ্ভিছ এনাউন্সমেণ্ট মিউজিক ভিডিঅ' নিৰ্মাণ কৰে। উক্ত ভিডিঅ'টোৰ বিষয়বস্তু হৈছে বৰ্ণ আৰু ইয়াত দৰ্শকসকলক ভাৰতৰ ছালৰ ৰঙৰ বৈচিত্ৰ্য উদযাপন কৰিবলৈ আহ্বান জনোৱা হৈছে। তেওঁৰ প্ৰথমখন গ্ৰন্থ 'মাণ্টো এণ্ড আই'ত চলচ্চিত্ৰ নিৰ্মাণৰ তেওঁৰ ৬ বছৰীয়া দীঘলীয়া যাত্ৰাৰ বৰ্ণনা আছে। তেওঁ 'লিচেন টু হাৰ' নামৰ এখন চুটি চলচ্চিত্ৰ লিখাৰ উপৰিও ইয়াক পৰিচালনা আৰু প্ৰযোজনা কৰাৰ লগতে ইয়াত অভিনয়ো কৰিছিল। এই ছবিখনে ঘৰুৱা হিংসা বৃদ্ধি আৰু লকডাউনৰ সময়ত মহিলাসকলে সন্মুখীন হোৱা কামৰ অত্যধিক বোজাৰ ওপৰত আলোকপাত কৰে। দাসে চলচ্চিত্ৰ মহোৎসৱৰ বিচাৰক হিচাপে দুবাৰকৈ সেৱা আগবঢ়াইছে। ২০০৫ চনত তেওঁ ফাতিহ আকিন, জেভিয়েৰ বাৰ্ডেম, চালমা হায়েক, বেনট জেকোট, এমিৰ কুষ্টুৰিকা, টনি মৰিচন, এগনছ ভাৰ্ডা আৰুজন ৱুৰ সৈতে মুখ্য প্ৰতিযোগিতাৰ বিচাৰকৰ ৰূপত অৱতীৰ্ণ হয়। ২০১৩ চনত তেওঁ জেন কেম্পিয়ন, মাজি-দা আবদি, নিকোলেটা ব্ৰাচি আৰু চেমিহ কেপলান'গ্লুৰ সৈতে চিনেফণ্ডেচন আৰু চুটি চলচ্চিত্ৰৰ বিচাৰক হিচাপে সেৱা আগবঢ়ায়। ২০১১ চনত ফ্ৰান্স চৰকাৰে তেওঁক সেই দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাসমূহৰ ভিতৰত অন্যতম 'চেভালিয়াৰ ডি ল'ৰ্ড্ৰে ডেছ আৰ্টছ এট ডেচ লেট্ৰেছ' (নাইট অফ দ্য অৰ্ডাৰ অফ আৰ্টছ এণ্ড লেটাৰছ) সন্মান প্ৰদান কৰে। চলচ্চিত্ৰৰ ক্ষেত্ৰত ইণ্ডো-ফৰাচী সহযোগিতাৰ বিকাশত অৱদানৰ বাবে তেওঁ প্ৰশংসিত হয়। ২০০৯ চনত ফ্ৰান্সে শিল্পী টিটুৱান লামাজৌৰ প্ৰকল্প "ৱমেন অৱ দ্য ৱৰ্ল্ড"ৰ পৰা নন্দিতা দাসক লৈ এক ডাকটিকট মুকলি কৰে। দাস আছিল ৱাশ্বিংটন ডিচিত আন্তঃৰাষ্ট্ৰীয় মহিলা মঞ্চৰ আন্তঃৰাষ্ট্ৰীয় হল অফ ফেমত অন্তৰ্ভুক্ত হোৱা প্ৰথমগৰাকী ভাৰতীয়। তেওঁক ২০১১ চনত "কলা আৰু বিশ্বলৈ তেওঁৰ নিৰন্তৰ অৱদানৰ বাবে আমাৰ সময়ৰ আটাইতকৈ আকৰ্ষণীয় চলচ্চিত্ৰ শিল্প নেতা হিচাপে স্বীকৃতি দিয়া হৈছিল।" তেওঁৰ লগতে এই সন্মান লাভ কৰা অন্য লোকসকল আছিল আন্না ফেণ্ডি, হেইডি ক্লুম আৰু মেডাম চেন ঝিলি। কেৰিয়াৰ অভিনয় দাসে মৃনাল সেন, আদুৰ গোপালকৃষ্ণন, শ্যাম বেনেগল, দীপা মেহতা আৰু মণি ৰত্নমৰ দৰে পৰিচালকৰ সৈতে ৪০ খনতকৈও অধিক ফিচাৰ ফিল্মত অভিনয় কৰিছে। তেওঁ ষ্ট্ৰীট থিয়েটাৰ গ্ৰুপজন নাট্য মঞ্চৰ সৈতে নিজৰ অভিনয় জীৱন আৰম্ভ কৰিছিল। তেওঁ পৰিচালক দীপা মেহতাৰ চলচ্চিত্ৰ 'ফায়াৰ' (১৯৯৬) আৰু 'আৰ্থ' (১৯৯৮; আমিৰ খানৰ সৈতে), 'বৱাণ্ডাৰ' (জগমোহন মুন্ধ্ৰাৰ দ্বাৰা পৰিচালিত), আৰু 'নালু পেনুংগল' (আদুৰ গোপালকৃষ্ণনৰ দ্বাৰা পৰিচালিত) অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত। তেওঁ সন্তোষ শিৱানৰ দ্বাৰা পৰিচালিত ভাৰতীয়-ব্ৰিটিছ কালৰ ড্ৰামা চলচ্চিত্ৰ বিফ'ৰ দ্য ৰেইনছ চলচ্চিত্ৰতো অভিনয় কৰিছে। তেওঁ দহটা ভিন্ন ভাষাৰ, যেনে ইংৰাজী, হিন্দী, বঙালী, মালায়ালম, তামিল, তেলুগু, উৰ্দু, মাৰাঠী, ওড়িয়া আৰু কন্নড় চলচ্চিত্ৰতো অভিনয় কৰিছে। তামিল অভিনেতা সুকন্যাই তামিল ধ্ৰুপদী চলচ্চিত্ৰ 'কান্নাথিল মুথামিত্তাল'ত নন্দিতা দাসৰ ভাষিক কণ্ঠ প্ৰদান কৰিছিল। দাসে 'বিটুইন দ্য লাইনছ' (২০১৪) নামৰ এখন নাটক সহযোগিতাৰে ৰচনা কৰাৰ লগতে পৰিচালনা আৰু অভিনয়ো কৰিছে। তেওঁ বিজয় তেণ্ডুলকাৰৰ দ্বাৰা ৰচিত চিনেপ্লে প্ৰযোজনা 'খামোশ! আদালত জাৰী হে'তো অভিনয় কৰিছে(২০১৭)। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ভাৰতৰ ব্যক্তি মাৰাঠী ব্যক্তি ভাৰতীয় অভিনেত্ৰী বঙালী চলচ্চিত্ৰৰ অভিনেত্ৰী মাৰাঠী চলচ্চিত্ৰৰ অভিনেত্ৰী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক ফিল্মফেয়াৰ বঁটা
36150
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A7%81%E0%A6%A6%E0%A6%BE%20%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%AD%E0%A7%81%E0%A6%9C
বাৰ্মুদা ত্ৰিভুজ
বাৰ্মুদা ত্ৰিভুজ হৈছে উত্তৰ আটলাণ্টিক মহাসাগৰৰ পশ্চিম অংশৰ এক অনিৰ্ধাৰিত অঞ্চল ত ৰহস্যজনক পৰিস্থিতিত ভালেসংখ্যক বিমান আৰু জাহাজ অন্তৰ্ধান হোৱা বুলি প্ৰবাদ আছে। ইয়াক চয়্তানৰ ত্ৰিভুজ বা দৈত্যৰ ত্ৰিভুজ বুলিও জনা যায়। আমেৰিকান নৌবাহিনীৰ মতে বাৰ্মুদা ত্ৰিভুজৰ বাস্তৱ অস্তিত্ব নাই আৰু নামৰ সংস্থাৰ দ্বাৰা স্বীকৄত নহয়। ভিন্নজনে ইয়াৰ সীমা আৰু শীৰ্ষবিন্দু বেলেগ বেলেগ ধৰণে বৰ্ণনা কৰিছে। পাল্প নামৰ আলোচনীখনৰ ১৯৬৪ চনৰ এটা সংখ্যাত প্ৰকাশিত ভিনচেণ্ট গদ্দিছৰ এটি প্ৰবন্ধত উল্লেখ থকা অনুসৰি ত্ৰিভুজটোৰ শীৰ্ষবিন্দু তিনিটা: (১) ৰিডা পেনিনচুলাৰ মায়ামি, (২) চান হুৱান, আৰু (৩) মধ্য আটলাণ্টিক দ্বীপ বাৰ্মুদা। ১৭ চেপ্তেম্বৰ ১৯৫০ চনত )অত প্ৰকাশিত এটি প্ৰবন্ধত পোনপ্ৰথম বাৰৰ বাবে বাৰ্মুদা ত্ৰিভুজৰ উল্লেখ পোৱা যায়। এই ত্ৰিভুজৰ সম্পৰ্কে বিভিন্ন অলৌকিক বৰ্ণনা শুনা যায়। কিছুমান লিখকে ইয়াৰ সৈতে কাল্পনিক লুপ্ত মহাদেশ আটলাণ্টিছক জড়িত কৰিব বিচাৰে। আন কিছুমানে আকৌ এই পৰিঘটনাৰ বাবে উৰণীয়া )ক জগৰীয়া কৰে। অৱশ্যে এই সম্বন্ধে বাস্তবিক তথা প্ৰাকৄতিক কাৰণো পোৱা যায়। ইয়াৰ ভিতৰত কম্পাছ বৈচিত্ৰ্য,উপসাগৰীয় প্ৰবাহ,মানৱ ত্ৰুটি,প্ৰতিকুল বতৰ আদি উল্লেখযোগ্য। বাৰ্মুদা ত্ৰিভুজত সংঘটিত উল্লেখযোগ্য ঘটনাবোৰৰ ভিতৰত -135 আদিয়েই প্ৰধান। বিভিন্ন সূত্ৰ আৰু ব্যাখ্যাত বাৰ্মুদা ত্ৰিভুজৰ অঞ্চল কিছু তাৰতম্য যদিও ইয়াৰ শীৰ্ষ বিন্দু তিনিটা ক্ৰমে মায়ামি, ছান য়ুৱান আৰু মধ্য-আটলান্তিকৰ বাৰ্মুদা দ্বীপত অৱস্থিত। ইয়াৰ কালি প্ৰায় ৩০০০,০০০ বৰ্গ কিঃমিঃ। বাৰ্মুদা ত্ৰিভুজ অঞ্চল বিশ্ব জল-পৰিবহণৰ এটি প্ৰধান আৰু অতিকৈ ব্যস্ত পথ। ইউৰোপ, আমেৰিকা আৰু কেৰিবিয়ান দ্বীপসমূহলৈ নিতৌ বহু বেছি জাহাজ ই পথে অহাযোৱা কৰে। আনফালে ই ফ্ল’ৰিদা, কেৰিবিয়ান আৰু দক্ষিণ আমেৰিকালৈ যোৱা এটি বহু ব্যস্ত আকাশী পথ। বহু আগৰেপৰা ই অঞ্চলত জাহাজ আৰু বিমান দুৰ্ঘটনাগ্ৰষ্ট আৰু অদৃশ্য হৈ যোৱা পৰিঘটানা শুনা যায় যদিও ১৯৪৫ চনৰ ইট ১৯ নোহোৱা হোৱাৰ পৰাহে ই বিশেষ গুৰুত্ব লাভ কৰে। পিচলৈ তাত আৰু বহু বেছি জাহাজ আৰু বিমান নোহোৱা হয় বা বহুতে নানা আচৰিত ঘটনাৰ সম্মুখীন হয়। নানা বিজ্ঞানী, গৱেষক, বিশ্লেষক আৰু প্ৰত্যক্ষ অভিজ্ঞ ব্যক্তিয়ে এনেবোৰ পৰিঘটনাৰ বাবে নানা ব্যাখ্যা ই। বাৰ্মুদা ত্ৰিভুজ অঞ্চলটোত পুৰণি আটালাণ্টিছ সভ্যতাৰ ধ্বংসাৱশেষবোৰ এতিয়াও আছে বুলি ই কয়। আটালাণ্টিছ সভ্যতাৰ বহু উন্নত প্ৰযুক্তি যিবোৰ বহিঃবিশ্বৰ প্ৰাণীৰসহায়ত বনোৱা বুলি ভবা হয়, ইবোৰৰ বিভিন্ন পৰিঘটনাৰ বাবে ত্ৰিভুজাকৃতিৰ অঞ্চলটোত কেতিয়াবা হঠাৎে কোনো জাহাজ নোহোৱা হৈ যায়। ড॰ ৰে ব্ৰাউননে ই অঞ্চলৰ সাগৰতলিত এক বিশেষ ‘শক্তি দানা’ পোৱা বুলি দাবী কৰিছিল। তেওঁৰ মতে ই বিশেষ ‘শক্তি দানা’বোৰে মাজে সময়ে বিকিৰণ কৰা শক্তি ৰশ্মিয়ে ওপৰেৰে যোৱা জাহাজ বা বিমানৰ দিকনিৰ্দেশক প্ৰণালী আৰু আন আন যান্ত্ৰিক বিজুটি ঘটায়, যাৰ ফলত জাহাজ বা বিমানখন দুৰ্ঘটনাগ্ৰস্থ হয়। ই সূত্ৰৰে কোনো কোনোৱে বহিঃপ্ৰাণীয়ে জাহাজ বা বিমান অপহৰণ কৰি আন মাত্ৰাৰে লৈ যায় বুলিও ক’ব খোজে। পিছে ই প্ৰমাণিত নহয়, বিশ্বাসহে। (বিজ্ঞানভিত্তিক ব্যাখ্যা বুলিব নোৱাৰি) গ্ৰেগ'ৰ আৰু গাৰ্ণনে আগবঢ়োৱা সূত্ৰ মতে বাৰ্মুদা ত্ৰিভুজ অঞ্চলটোৰ ওপৰেৰে উৰি যোৱা বিমানবোৰে কেতিয়াবা কিছুমান ‘বৈদ্যুতিন কুৱলি’ৰ পাৰিপাৰ্শ্বিকৰ মাজেৰে যাবলগীয়া হয়। ৪, ডিচেম্বৰ, ১৯৭০ ত গাৰ্ণন আৰু তেওঁৰ দেউতাকে ই অঞ্চলটোৰ ওপৰেৰে বিমান ই যাওঁতে এক ‘বিশেষ মেঘ’ৰ মাজেৰে উৰিবলগীয়া হৈছিল, যি মেঘে আকাশত এক গুহাৰৰ সৃষ্টি কৰিছিল যাৰ মাজেৰে তেওঁলোকে বিমানখন উৰাবলগীয়া হৈছিল। আকাশী গুহাৰ বেৰত তেওঁলোকে ঘড়ীৰ কটাৰ বিপৰীত দিশত ঘূৰি থকা ৰেখা কিছুমান দেখিছিল। বিমানৰ দিকনিৰ্ণায়ক যন্ত্ৰপাতিবোৰে কাম নকৰা হৈছিল। আচৰিত অনুভৱ হৈছিল তেওঁলোকৰ; গুহাৰ শেষত মুক্ত নীলা আকাশ বা সাধাৰণ মেঘ দেখাৰ পৰিবৰ্তে তেওঁলোকে দেখিছিল মুগা-বগা বৰণীয়া অন্ত, য’ত কোনো দিগন্ত ই, দেখিবলৈ আকাশ ই, সাগৰ নাই... একো ই। নিৰ্ধাৰিত গতিবেগৰে যোৱাৰ পিছতো বিমানখনে ২৮ মিনিট আগতেই একে দূৰত্ব অতিক্ৰম কৰিছিল, সময় স্থবিৰ হৈ গৈছিল। ই সময়ৰ পৰিবৰ্তনটো তেওঁলোকৰ ঘড়ী আৰু বিমানৰ ঘড়ীটো প্ৰত্যক্ষ হৈছিল। কিছুসময়ৰ পিছতে সকলোবোৰ যন্ত্ৰপাতি সাধাৰণ হ’বলৈ ধৰিলে আৰু তেওঁলোকে গন্তব্যস্থান মায়ামি উপকূল দেখিবলৈ পালে। গাৰ্ণন আৰু আন কেবাজনো বিমানচালকে একেধৰণৰ অভিজ্ঞতা ই ত্ৰিভুজ অঞ্চলৰ ওপৰৰে বিমান উৰাওতে আকৌ কেবাবাৰো পাইছিল। তেওঁৰ মতে ই অঞ্চলৰ পৃথিৱীৰ ভিতৰভাগৰপৰা নিৰ্গত হোৱা শক্তিশালী 'বিদ্যুত-চুম্বকীয় 'ই বৈদ্যুতিন্-কুৱলিৰ সৃষ্টি কৰেকৰে, যিবোৰ কিছুসময়ৰ ভিতৰতে অদৃশ্য হৈ যায়। ইদেনৰ বিজ্ঞানী এজনে পোৱা মতে ই ত্ৰিভুজাকৃতিৰ অঞ্চলত চুম্বকত্ব পৃথিৱীৰ আন অঞ্চলতকৈ কম কমাৰু তাৰ ই তাত এনে বৈদ্যুতিন-কুৱলি ই সৃষ্টি হয়, বা শক্তিশালী হৈ উঠে। গাৰ্ণনৰ ভাষাত ই ‘’কাল-ধূমুহা’’। ই অঞ্চলত বহু নীলা-গহ্বৰ আছে। নীলা-গহ্বৰ হ'ল সাগৰ তলীত বা পৃষ্ঠত থকা পানীৰে পৰিপূৰ্ণ গহ্বৰ যিবোৰক বহুতে সূক্ষ্ম-কীটগহ্বৰ বুলিও ক'ব খোজে, যিবোৰৰ দ্বাৰা আন বিশ্বৰ বা মাত্ৰাৰ পৰা আদি আহে। ইয়ো এটা বিশ্বাসহে, যাৰ বিজ্ঞানিক ভিত্তি নাই। আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল বাৰ্মুদা অঞ্চলত কম্পাছৰ সূচকে পৃথিৱীৰ চুম্বক উত্তৰ মেৰুলৈ দিক কৰিবলৈ এৰি ভৌগোলিক উত্তৰ মেৰুলৈহে দিক ই ই পৰিঘটনাটো জাপানৰ ‘ডেভিল সাগৰতো’ হয়)। পৃথিৱীৰ চুম্বক উত্তৰ মেৰু (স্থিৰ নহয়) আৰু ভৌগোলিক উত্তৰ মেৰুৰ দুৰত্ব প্ৰায় ২০০০ কিঃমিঃ আৰু ই অঞ্চলত কম্পাছৰ এনে ভুলৰ বাবে বহু জাহাজে দিশ নিৰ্ণয়ত ভুল কৰে, যাৰ বাবে হয়তো মাজসাগৰতে হেৰাই থাকে বুলি বহু বিশ্লেষকে ক’বলৈ বিছাৰে। কিছু বৈজ্ঞানিক বিশ্লেষণৰ ভিতৰত: বাৰ্মুদা অঞ্চলটোত অতি ই বতৰৰ পৰিবৰ্তন ঘটে ধূমুহা আদি সঘনে আহে আৰু খনাত নোহোৱা হৈ যায়, যিটো আনকি উপগ্ৰহয়ো কেতিয়াবা ধৰা পেলাব নোৱাৰে। এনে ধূমুহাই জাহাজ বা বিমান আদি ই ই ই। ই ই আনকি সাগৰপৃষ্ঠৰ পৰা কেবাকিলোমিটাৰ ওপৰলৈ পানী ঠেলি দিয়ে; যি পানীয়ে নিম্ন উচ্চতাৰে উৰি যোৱা বিমান আদিকো দুৰ্ঘটনাগ্ৰষ্ট কৰাৰ সম্ভাৱনাকো ই কৰিব নোৱাৰি। বিভিন্ন দুৰ্ঘটনাৰ বাবে ই অঞ্চলৰ সাগৰ তলিও ইয়াৰ এক কাৰক হ’ব পাৰে- যিটো সাধাৰণ নতিৰ পৰা অতি বেছি গভীৰ হৈ পৰে। ই পৃথিৱীৰ ইতকৈ দ ইসমূহৰ ভিতৰত অন্যতম, বোধহয় য়েই তাত ডুবা কোনো জাহাজৰে অস্তিত্ব বিচাৰি উলিওৱা সম্ভৱ নহয়। বাৰ্মুদা ত্ৰিভুজত 'গাল্ফ সোঁত' বৰ খৰস্ৰোতা, যিয়ে বহু জাহাজক কেবাশ কিঃমিঃ দূৰলৈ ঠেলি দিব পাৰে। অনভিজ্ঞ কেপ্তেইনসকলৰ ক্ষেত্ৰত ই বিভিন্ন সমস্যাৰ কাৰক আৰু ই সোঁতে যিকোনো দুৰ্ঘটনাগ্ৰস্থ জাহাজক নিমিষতে বহু দূৰত ই দি অস্তিত্ব নোহোৱা কৰি ই। কাডিফ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে বাৰ্মুদা অঞ্চলৰ মহাসাগৰৰ তলিত পৰিমাণৰ মিথেন গেছ আৱিষ্কাৰ কৰিছিল। ই গেছ সাগৰৰ মৃত জীৱ আৰু গছ গছনিৰ পৰা সৃষ্টি হোৱা। ই মিথেন গেছক আৱৰি থকা হিম তৰপটো যথেষ্ট শক্তিশালী। মিথেন গেছ নিৰ্গত হোৱাৰ মুহূৰ্ততে ই উদ্গীৰণ হয় আৰু পৃষ্ঠৰ পানীৰ ঘনত্ব ই, ফলস্বৰূপে বহু জাহাজ আংশিকভাৱে ডুবিবলৈ ধৰে আৰু পিছলৈ দুৰ্ঘটনাগ্ৰস্থ হয় আৰু মুহূৰ্ততে মাহাসাগৰ তলি ইগৈ। উদ্গীৰণ হোৱা মিথেনৰ বাবে আনকি ওপৰেৰে উৰি যোৱা বিমান আদিটো অগ্নিসংযোগ হৈ দুৰ্ঘটনাত পতিত হয়। বাৰ্মুদা ত্ৰিভুজক বৰ বেছি বিশেষ আৰু খ্যাত কৰি তোলাত কল্পবিজ্ঞান, চিনেমা আৰু তথ্যচিত্ৰ আদিৰ প্ৰভাৱ বহু বেছি। উল্লেখ্য যে বহু দেশৰ ভৌগোলিক মানচিত্ৰত বাৰ্মুদা ত্ৰিভুজৰ নাম ই, তথা আন্তঃৰাষ্ট্ৰীয় জল আৰু বিমান পৰিবহণ পথ ই ত্ৰিভুজ বা তাৰ নানা ঐতিসাহিক পৰিঘটনা বা দুৰ্ঘটনাৰ দ্বাৰা প্ৰভাৱিত নহয়। আন জল আৰু আকাশী পথৰ দৰে ইয়ো এক সাধাৰণ পথ।
66908
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%A8%E0%A6%BF%E0%A6%A4%E0%A6%BE%20%E0%A6%A8%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B0
অনিতা নায়াৰ
অনিতা নায়াৰ জন্ম: ২৬ জানুৱাৰী, ১৯৬৬) হ'ল এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ ঔপন্যাসিক। প্ৰাৰম্ভিক জীৱন কেৰালাৰ পালাক্কৰ জিলাৰ চোৰাণপুৰত নায়াৰৰ জন্ম হয়। কেৰালালৈ ঘূৰি অহাৰ আগতে নায়াৰে চেন্নাইত পঢ়া-শুনা কৰিছিল আৰু চেন্নাইৰপৰাই তেওঁ ইংৰাজী ভাষা আৰু সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰিছিল। স্বামী সুৰেশ পৰম্বাথ আৰু পুত্ৰৰে সৈতে অনিতা বেংগালুৰুত বাস কৰে। কেৰিয়াৰ নায়াৰে বেংগালুৰুৰ এটা বিজ্ঞাপন সংস্থাত সৃষ্টিশীল পৰিচালক হিচাপে কাম কৰি থাকোঁতে তেওঁৰ প্ৰথম কিতাপখন লিখিছিল, এইখন 'সত্যৰ অৱ দ্য চাবৱে' নামৰ এটি চুটি গল্পৰ সংকলন আছিল। কিতাপখন তেওঁ হৰ-আনন্দ প্ৰেছক বিক্ৰী কৰে। 'দ্য ভাৰ্জিনিয়া চেণ্টাৰ ফ'ৰ দি ক্ৰিয়েটিভ 'ৰপৰা এই কিতাপখনৰ বাবে তেওঁ এটা বৃত্তি লাভ কৰিছিল। নায়াৰৰ দ্বিতীয় কিতাপখন পেঙ্গুইন ইণ্ডিয়াই প্ৰকাশ কৰিছে, আৰু এই কিতাপখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ 'পিকাড'ই প্ৰকাশ কৰা এজন ভাৰতীয় লেখকৰ প্ৰথমখন কিতাপ। নায়াৰ কল্পকাহিনী আৰু কবিতাৰ এজন সৰ্বাধিক কিতাপ বিক্ৰী হোৱা লেখক। তেওঁৰ উপন্যাস 'দ্য বেটাৰ মেন' আৰু 'লেডিজ কুপ' ২১টা ভাষালৈ অনুবাদ কৰা হৈছে। নায়াৰৰ প্ৰাৰম্ভিক বাণিজ্যিক কামবোৰৰ ভিতৰত তেওঁ ১৯৯০ চনত, বছৰৰ শেষৰ ফালে বেংগালুৰুৰ মাহেকীয়া আলোচনী (বৰ্তমান "জিৰ' এইট জিৰ'" আলোচনী বুলি কোৱা হয়) বাবে লিখা লেখাবোৰ আছিল, যি এক্সপ্লেচিটিৰ দ্বাৰা 'দি ইকোনমিকেল এপিচুৰীয়ান' শীৰ্ষক এটা স্তম্ভত প্ৰকাশ পাইছিল। ইয়াৰ পিছত নায়াৰৰ উপন্যাস 'দ্য বেটাৰ মেন' (২০২০) প্ৰকাশ পায়। উপন্যাসখন একেসময়তে ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰতো প্ৰকাশ হৈছিল। ২০০২ চনত, 'মালাবাৰ মাইণ্ড' কবিতা সংকলন আৰু ২০০৩ চনত কেৰালা বিষয়ক সম্পাদিত লিখা 'হোৱেৰ দ্য ৰেইন ইজ বৰ্ণ' প্ৰকাশ পায়। ২০০১ চনত লিখা অনিতা নায়াৰৰ দ্বিতীয়খন উপন্যাস 'লেডিজ কুপে' আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা তুৰ্কীলৈ আৰু পোলেণ্ডৰ পৰা পৰ্তুগাললৈ; ভাৰতৰ বাহিৰৰ পোন্ধৰখন দেশৰ সমালোচক আৰু পঢ়ুৱৈৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল। 'লেডিজ কুপ' ২০০২ বৰ্ষৰ ভাৰতৰ পাঁচখন শ্ৰেষ্ঠ কিতাপৰ এখন ৰূপে পৰিগণিত হয়। কিতাপখন বিশ্বৰ পঁচিশটাতকৈও অধিক ভাষালৈ অনূদিত হৈছে। ইয়াত পুৰুষৰ আধিপত্য থকা সমাজ এখনত মহিলাৰ স্থিতিৰ বিষয়ে, যথেষ্ট অন্তৰ্দৃষ্টি, একনিষ্ঠ আৰু হাস্যৰসেৰে বৰ্ণিত হৈছে। কেৰালা বিষয়ে লিখা নায়াৰৰ লিখাবোৰ আৰু তেওঁৰ কবিতা 'দ্য পয়েট্ৰি ইণ্ডিয়া কালেকচন' আৰু ব্ৰিটিছ পৰিষদৰ কবিতাৰ কৰ্মশালা এন্থোল'জিত অন্তৰ্ভুক্ত কৰা হৈছে। 'ডান্স অব দ্য পিক'ক'ৰ দৰে আগশাৰীৰ কবিতা এন্থোল'জিত তেওঁৰ কবিতা ১৫১জন ভাৰতীয় ইংৰাজী কবিৰ সৈতে প্ৰকাশ পাইছে। নায়াৰে লিখা আন কেইখনমান কিতাপ হ'ল; 'মিষ্ট্ৰেছ' (২০০৩), 'এডভান্সাৰছ অফ্ ননু, দ্য স্কেটিং স্কুইৰেল' (২০০৬), 'লিভিং নেক্সট ড'ৰ টু এলিজ' (২০০৭) আৰু 'মেজিকেল ইণ্ডিয়ান (২০০৮)। নায়াৰৰ কামবোৰত বহুতো ভ্ৰমণ কাহিনীও অন্তৰ্ভুক্ত হৈ আছে। নাইন ফেচেছ অব্ বিয়িং নামৰ নাটকখনৰ জৰিয়তে সৰ্বাধিক বিক্ৰী হোৱা লেখক অনিতা নায়াৰ এগৰাকী নাট্যকাৰ ৰূপেও পৰিচিত হৈছে। নায়াৰৰ 'মিষ্ট্ৰেছ' কিতাপখনৰপৰা ইয়াৰ কাহিনীটো লোৱা হৈছে। তেওঁৰ কিতাপ 'কাট লাইক ৱণ্ড' ২০১২ চনত আৰু 'চেইন অব কাষ্টডি' ২০১৫ চনত প্ৰকাশ পায়। নায়াৰৰ অন্যান্য কামবোৰৰ ভিতৰত আছে লাইলাক হাউচ (২০১২) আৰু এলফাবেট চুপ ফ'ৰ (২০১৬)। তেওঁৰ ষষ্ঠখন উপন্যাস 'ইদ্ৰিছ: কীপাৰ অৱ দ্য লাইট' এজন চোমালিয়ান ব্যৱসায়ীৰ বিষয়ে এখন ঐতিহাসিক আৰু ভৌগোলিক উপন্যাস, যি ১৬৫৯ খ্ৰীষ্টাব্দত মালৱাৰ ভ্ৰমণ কৰিছিল। বঁটা আৰু সম্মান সাহিত্যৰ বাবে নতুন দিল্লীৰ 'অল ইণ্ডিয়া কনফাৰেঞ্চ'ৰ 'আৰ্ক অৱ এক্সচিলেন্স এৱাৰ্ড' ২০০৭ চনত জাৰ্মানী সাহিত্যৰ বাবে ২০০৮ চনত এফ এল অ' অফ আই চি চি আইৰ 'ৱমেন এৱাৰ্ড'। ২০০৯ চনত 'মণ্টব্লেংক সন্মান' সাহিত্য আৰু সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১২ চনত 'কেৰালা সাহিত্য অকাডেমি বঁটা'। 'ইদ্ৰিছ: কীপাৰ অৱ দ্য লাইট' কিতাপৰ বাবে 'দ্য হিন্দু লিটাৰেৰী প্ৰাইজ'ৰ বাবে নাম তালিকাভুক্ত। ২০১৫ চনত এক্সপ' মে'ৰ 'গ্লবেল এম্বেচেডৰ' ২০১৭ চনত শিশু সাহিত্য বিভাগত 'ক্ৰছৱৰ্ড বুক এৱাৰ্ড'। গ্ৰন্থপঞ্জী সত্যৰ অৱ দ্য চাবৱে অণ্ড ইলেভেন আডাৰ ষ্ট'ৰিজ, ১৯৯৭ দ্য বেটাৰ মেন নিউ দিল্লী, লণ্ডন, পেংগুইন ১৯৯৯ লেডিজ কুপ, ২০০১ মালাবাৰ মাইণ্ড, কবিতা, কালিকুট, য়েটি ২০০২ হোৱেৰ দ্য ৰেইন ইজ বৰ্ণ কেৰালাৰ বিষয়ে লিখা, ২০০৩ পুফিন বুক অৱ ৱৰ্ল্ড এণ্ড ২০০৪ মিষ্ট্ৰেছ, ২০০৫ এডভান্সাৰছ অফ্ ননু, দ্য স্কেটিং স্কুইৰেল, ২০০৬ লিভিং নেক্সট ড'ৰ টু এলিজ, ২০০৭ মেজিকেল ইণ্ডিয়ান ২০০৮ গুডনাইট এণ্ড গড ব্লেচ, ২০০৮ ইন ফৰগেটিং, ২০১০ চেম্মীন' (অনুবাদ) ২০১১ কাট লাইক ৱণ্ড কল্পকাহিনী ২০১২ দ্য লাইলাক হাউচ, উপন্যাস নিউয়ৰ্ক: চেইণ্ট গ্ৰিফিন, ২০১২ ইদ্ৰিছ- ঐতিহাসিক উপন্যাস ২০১৪ এলফাবেট চুপ ফ'ৰ নয়ডা, উত্তৰ প্ৰদেশ, ইণ্ডিয়া: ২০১৫ চেইন অৱ কাষ্টডি'', হাৰপাৰ ব্লেক, ২০১৬ তথ্য সূত্ৰ ভাৰতৰ ব্যক্তি জীৱিত ব্যক্তি ভাৰতীয়
21710
https://as.wikipedia.org/wiki/%E0%A6%B9%E0%A7%8B%E0%A6%AE%E0%A6%BE%E0%A7%B0
হোমাৰ
পশ্চিমীয়া দ্ৰুপদী কিংবদন্তীত হোমাৰ প্ৰাচীন গ্ৰীক: হৈছে মহাকাব্য "ইলিয়াড" আৰু "ওডিছী"ৰ লেখক যাক সৰ্বশ্ৰেষ্ঠ প্ৰাচীন গ্ৰীক কবি হিচাপে গণ্য কৰা হয়। পশ্চিমীয়া সভ্যতাক গঢ় দিয়াত থকা বৰঙণিৰ উপৰিও সাহিত্যৰ ইতিহাসত এই মহাকাব্য দুখনৰ প্ৰভাৱ অপৰিসীম। হোমাৰৰ জীৱনৰ সময় বিতৰ্কিত। হিৰ'ড'টাছৰ মতে হোমাৰৰ জীৱনকাল আছিল তেওঁতকৈ ৪০০ বছৰ আগতে, যাৰ অৰ্থ প্ৰায় খ্ৰীষ্টপূৰ্ব ৮৫০। আনহাতে অন্য প্ৰাচীন সূত্ৰ মতে তেওঁৰ জীৱনকাল ট্ৰ'জান যুদ্ধৰ সময়ৰ ওচৰা-ওচৰি, অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ১২শ শতিকাৰ প্ৰথম ভাগ। আধুনিক পণ্ডিতসকলৰ মতে "হোমাৰৰ সময়কাল"-এ কোনো ব্যক্তিবিশেষক বুজোৱা নাই, বৰং মহাকাব্যকেইখন ৰচনা হোৱা সময়হে সূচাইছে। অধিকাংশৰ মতে ইলিয়াড আৰু ওডিছীৰ ৰচনাকাল প্ৰায় খ্ৰীষ্টপূৰ্ব ৮ম শতিকা। ইলিয়াড ওডিছীতকৈ সম্ভৱ কেইদশকমান আগতে ৰচিত, অৰ্থাৎ হিছিঅ'ডতকৈ আগতে। ইলিয়াড পশ্চিমীয়া সাহিত্যৰ আটাইতকৈ প্ৰাচীনতম চানেকী। যোৱা কেইদশকমান ধৰি কোনো কোনো পণ্ডিতে খ্ৰীষ্টপূৰ্ব ৭ম শতিকা বুলিও মত পোষণ কৰিছে। গ্ৰেগৰী নেগীকে ধৰি তাৰে কিছুমানে যুক্তি দৰ্শাই যে এই সময় অধিক পিছৰ, কাৰণ বহুকাল ধৰি হোমাৰৰ কাব্যৰ বিকাশ ঘটিছিল আৰু খ্ৰীষ্টপূৰ্ব ৬ম শতিকাতহে এইবোৰে পূৰ্ণ সংগঠিত ৰূপ পাইছিল। হোমাৰৰ ঐতিহাসিক ব্যক্তিত্বক লৈ উঠা প্ৰশ্নক "হোমাৰীয় প্ৰশ্ন" বুলি কোৱা হয়। তেওঁৰ জীৱনৰ বিষয়ে কোনো নিৰ্ভৰযোগ্য তথ্য পোৱা নাযায়। তেওঁৰ কবিতাসমূহ বহু শতাব্দীৰ মৌখিক গল্পকথন আৰু এক সুগঠিত কাব্যৰচনা ব্যৱস্থাৰ মিশ্ৰণ বুলিও ভবা হয়। মাৰ্টিন ৱে'ষ্টৰ দৰে কিছুমান পণ্ডিতৰ মতে "হোমাৰ কোনো ঐতিহাসিক কবিৰ নাম নহয়, বৰং এক কাল্পনিকভাৱে সৃষ্ট এক নামহে।" গ্ৰীক সংস্কৃতিৰ বিকাশত হোমাৰৰ মহাকাব্যৰ অৱদান সৰ্বজনস্বীকৃত। হোমাৰক গ্ৰীছৰ শিক্ষক বুলিও কোৱা হৈছিল। হোমাৰৰ কৰ্মৰাজীত থকা বক্তৃতাসমূহ প্ৰাচীন আৰু মধ্যযুগৰ কথিত বা লিখিত যুক্তিমূলক গ্ৰীক সাহিত্যৰ বাবে আদৰ্শস্বৰূপ আছিল। পেপিৰাছত লিখা প্ৰাচীন গ্ৰীক সাহিত্যৰ আধাখিনিমানেই হোমাৰৰ শৈলীত লিখা। হোমাৰৰ বুলি গণ্য কৰা সাহিত্যকৰ্ম খ্ৰীষ্টপূৰ্ব ৬ম আৰু ৫ম শতিকাৰ আৰম্ভণিৰ গ্ৰীক সাহিত্য, সাধাৰণভাৱে ক'বলৈ গ'লে অষ্টক পদত লিখা সমস্ত মহাকাব্য হোমাৰৰ দ্বৰা ৰচিত বুলি গণ্য কৰা গতিকে "ইলিয়াদ" আৰু "ওডিছী"ৰ বাহিৰেও অসাধাৰণ কাব্যিকতাৰ চানেকি থকা আন কিছুমান গ্ৰন্থও পোৱা যায়। সমস্ত মহাকাব্য চক্ৰৰ কৃতিত্ব হোমাৰক দিয়া হয়। ট্ৰ'জান যুদ্ধক লৈ ৰচিত তেনে আন কিছুমান কবিতা হৈছে "ক্ষুদ্ৰ ইলিয়াদ", "ন'ষ্ট'ই", "চাইপ্ৰিয়া", "এপিগ'নি",আৰু ইডিপাছ আৰু তেওঁৰ পুত্ৰক লৈ লিখা থিবেন কবিতাসমূহ। হোমাৰিক হাইমৰ সংকলন, হাস্যৰসপূৰ্ণ ক্ষুদ্ৰ মহাকাব্য বাট্ৰাছ'মায়'মেচিয়া আৰু ছৰ ৰচনাও তেওঁৰ বুলি কোৱা হৈছিল। কিন্তু এইবোৰ ৰচনাৰ প্ৰকৃত লেখকক লৈ উঠা প্ৰশ্নৰ উত্তৰ পোৱাটো মূল মহাকাব্য দুখনৰ লেখককৈও জটিল। তথ্যসূত্ৰ নিৰ্বাচিত গ্ৰন্থপঞ্জী সংস্কৰণ (হোমাৰীয় গ্ৰীকত লিখা পাঠ) 1488 (1504 1517) 1572, 1588 1592. 1794–1795; 1804 1807) 1832–1836) 1843; 1858) 1867–1868; 1873–1876, 1889–1891; 2 1901 1907) 1886–1888; 1900-1902) 1886) 1901) 1908, 1917-1920, (5 0-19-814528-4, 0-19-814529-2, 0-19-814531-4, 0-19-814532-2, 0-19-814534-9 1991, 3-487-09458-4, 1996, 3-487-09459-2 1998-2000, (2 3-598-71431-9, 3-598-71435-1 1993, 3-598-71432-7 ইণ্টাৰলাইনাৰ ইংৰাজী অনুবাদ (2008) 978-1-60725-298-6 ইংৰাজী অনুবাদ হোমাৰৰ ইলিয়াদ আৰু ওডিছীৰ ইংৰাজী অনুবাদ-কৰ্মৰ আংশিক তালিকা- 2 2 (1995). (1910– (2004) (1998) 0-374-52574-9 (1998) (1999) 0-14-026886-3 (1997) (2000) (2006) (2006) (2006) (2006) 1-930972-10-5 (2008) (2008) 978-1-934941-05-8 1938) (2008) 978-0-8061-3974-6 978-0-8061-3942-5 হোমাৰ সংক্ৰান্ত সাধাৰণ ৰচনা 1999. 2-213-60381-2 2000. 2-262-01181-8 2005. 2004, 0-19-926308-6; 2005 2003 84-233-3487-2, 2005 960-16-1557-1) 2004. 0-521-01246-5 1997, 90-04-09989-1 2007, 978-1-4051-5325-5 উল্লেখযোগ্য পাঠ আৰু ব্যাখ্যা 1953, 1946, 1. 1987, 0-8018-3329-9 1974, 30). 1954, 1978. 1987, 1-85399-658-0 1980, 978-0-8018-6015-7 ভাষ্য ইলিয়াদ: 2003, 1-85399-657-2 1985-1993, (6 0-521-28171-7, 0-521-28172-5, 0-521-28173-3, 0-521-28174-1, 0-521-31208-6, 0-521-31209-4 2002-, (1868–1913) (2 15), 3-598-74307-6, 3-598-74304-1 2000, 0-85989-684-6 1976, 0-226-89855-5ওডিছী: 1990-1993, (3 1981-1987 0-19-814747-3, 0-19-872144-7, 0-19-814953-0 1988, 1-85399-038-8 2001, 0-521-46844-2 হোমাৰ-চৰ্চাৰ ধাৰা "দ্ৰুপদী" বিশ্লেষণ 1974, 3-534-03864-9 1969, 3-406-03242-7 1955, 1916, 1795, 1988, 0-691-10247-3 নব্যবিশ্লেষণ 1986, 79.6: 379-94. 1977, 97: 39-53. 1949, 0-8240-7757-1 1960, 3-515-00235-9 হোমাৰ আৰু মৌখিক পৰম্পৰা 1997, 0-8014-3295-2 1999, 0-271-01870-4 1976, 0-521-21309-6 1960, 0-674-00283-0 1971, 1991, হোমাৰীয় কাব্যৰ সময়কাল 1982, 0-521-23869-2 অতিৰিক্ত পঠন বহিঃ সংযোগ 1–12 1–52; 2008) গ্ৰীচৰ ব্যক্তি মহাকাব্য ৰচয়িতা গ্ৰীক
47703
https://as.wikipedia.org/wiki/%E0%A6%9C%E0%A6%BE%E0%A6%AE%E0%A6%BE%E0%A6%B2%20%E0%A6%86%E0%A6%B9%E0%A6%AE%E0%A7%87%E0%A6%A6%20%E0%A6%B7%E0%A6%BE%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%95%E0%A6%9C%E0%A7%80
জামাল আহমেদ ষাশ্বকজী
জামাল আহমেদ ষাশ্বকজী এজন চৌদি আৰবীয় সাংবাদিক, লেখক আৰু আল-আৰব নিউজ ছেনেলৰ এজন প্ৰাক্তন মহাপ্ৰবন্ধক আৰু মুখ্য সম্পাদক। চৌদি আৰবীয় ৰাজতন্ত্ৰ বিশেষকৈ চৌদি আৰবৰ ৰজা ছলমান আৰু হ'বলগীয়া ৰজা ৰাজকুমাৰ মহম্মদ-বিন- ছলমানৰ ঘোৰ সমালোচক ষাশ্বকজীক চৌদি আৰব ৰাজতান্ত্ৰিক চৰকাৰৰ নিৰ্দেশ মতে তুৰস্কৰ ইষ্টানবুল চহৰত থকা চৌদি আৰবৰ দূতাৱাসৰ ভিতৰত হত্যা কৰা হৈছে বুলি সন্দেহ কৰা হৈছে। জীৱনী ১৩ অক্টোবৰ, ১৯৫৮ চনত চৌদি আৰবৰ মদিনাত ষাশ্বকজীৰ জন্ম হৈছিল। তেওঁৰ ককাক মহম্মদ ষাশ্বকজী, এজন তুৰ্কীৰ ডাক্তৰ আৰু আইতাক চৌদি আৰবৰ আছিল। ককাকে চৌদি আৰবৰ ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠাপক প্ৰথম ৰজা আব্দুল-আজিজ-অল-চৌদৰ ঘৰুৱা চিকিৎসক হিচাপে কাম কৰিছিল। তেওঁৰ সম্পৰ্কীয় ভাতৃ ডডি ফায়েদৰ ব্ৰিটিছ ৰাজকুমাৰী ডায়েনাৰ লগত একেলগে পেৰিছৰ পথ-দুৰ্ঘটনাত মৃত্যু হৈছিল। আমেৰিকাৰ ইণ্ডিয়ানা চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা ১৯৮২ চনত ষাশ্বকজীয়ে বিবিএ ডিগ্ৰী লৈছিল। ১৯৮৩-৮৪ চনত টিহামা বুকষ্টোৰৰ আঞ্চলিক প্ৰবন্ধক হিচাপে ষাশ্বকজীয়ে কৰ্ম জীৱন আৰম্ভ কৰে। জুন ২০১৭ ৰ পৰা তেওঁ আমেৰিকা যুক্তৰাজ্যত থাকি দি ৱাছিংটন পোষ্ট কাকতৰ বাবে লিখা মেলা কৰি আছিল। চৌদি আৰবীয় ৰাজতন্ত্ৰৰ সৈতে সংঘাত ষাশ্বকজীৰ ওপৰত চৌদি আৰবীয় চৰকাৰে তেওঁ চৰকাৰৰ বিপক্ষে লিখা সমালোচনামুলক মন্তব্য আৰু প্ৰবন্ধ বোৰৰ বাবে আক্ৰোশমূলক ব্যৱস্থা হাতত লৈছিল। ষাশ্বকজীয়ে নিজে কোৱা মতে চৌদি চৰকাৰে তেওঁৰ টুইটাৰ মন্তব্যবোৰৰ বিৰোধিতা কৰিবৰ বাবে আৰু টুইটাৰতে তেওঁক মন্তব্য দিলেই ভয় ভাবুকি দিবৰ বাবে ভাৰাতীয়া মানুহৰ নিযুক্তি দিছিল। চৌদি আৰবৰ নেতৃত্বত কাষৰীয়া য়েমেন দেশত আক্ৰমণ চলি থকা ঘটনাৰ বিপক্ষেও ষাশ্বকজী সৰব হৈ উঠিছিল। চেপ্তেম্বৰ ২০১৭ ত ষাশ্বকজীয়ে চৌদি আৰব ত্যাগ কৰিছিল। হত্যা আৰু তদন্ত ২ অক্টোবৰ, ২০১৮ ত ষাশ্বকজীয়ে কিবা কামৰ বাবে তুৰ্কীৰ ইষ্টানবুল চহৰত থকা চৌদি আৰবৰ দূতাৱাসৰ ভিতৰত প্ৰবেশ কৰিছিল কিন্তু আৰু তাৰ পৰা উলাই অহা নাই। সেয়ে তুৰ্কী চৰকাৰে তেওঁক নিৰুদ্দেশ হৈছে বুলি ঘোষনা কৰে আৰু ১৫ অক্টোবৰ ২০১৮ ত চৌদি আৰবীয় বিষয়াৰ সহিতে তুৰ্কীৰ বিষয়া ইষ্টানবুলৰ চৌদি দূতাবাসত প্ৰবেশ কৰে। তুৰ্কীৰ চৰকাৰে উক্ত তদন্তৰ ভিত্তিত দূতাৱাসৰ ভিতৰতে ষাশ্বকজীক হত্যা কৰা হৈছে বুলি সন্দেহ কৰিছে। চৌদি আৰবে প্ৰথমে এই কথা অস্বীকাৰ কৰে আৰু ষাশ্বকজী জীৱিত অৱস্থাতে দূতাৱাসৰ পৰা উলাই গৈছিল বুলি দাবী কৰে। কিন্তু তুৰ্কীৰ চৰকাৰে তদন্ত ক্ৰমে পাইছিল যে চৌদি আৰবৰ পৰা ১৫ জনীয়া এটি ঘাটকৰ দলে আগৰে পৰা ষাশ্বকজীৰ বাবে দূতাৱাসৰ ভিতৰত খাপ পিটি আছিল আৰু তেওঁলোকে তাতে ষাশ্বকজীক সোমোৱাৰ লগে লগে ডিঙি চেপি হত্যা কৰে আৰু তেওঁৰ শৱদেহটো টুকুৰা টুকুৰ কৰি কাটি এচিডত গলাই পেলায়। দূতাৱাসৰ পৰা উলাই যোৱা চৌদি আৰবে দাবী কৰা ষাশ্বকজীৰ দৰে মানুহজন ষাশ্বকজীৰ বেশ ধৰি অহা ঘাটক দলৰে সদস্য আছিল বুলি তদন্তত প্ৰকাশ পাই। তুৰ্কীয়ে শেহতীয়া ভাৱে দূতাৱাসৰ ভিতৰত নজৰ ৰখা যন্ত্ৰৰ দ্বাৰা প্ৰাপ্ত শ্ৰাৱ্য তথ্য বিশ্বৰ কেবাখনো দেশক প্ৰদান কৰে যাৰ ফলত সেই দেশ সমূহে চৌদি আৰব চৰকাৰৰ এই দুষ্কৰ্মৰ প্ৰতি সৰব হৈ উঠে। চৌদি আৰবে অৱশেষত দূতাৱাসৰ ভিতৰত হোৱা এক হতাহতিত ষাশ্বকজীৰ মৃত্যু হোৱা বুলি স্বীকাৰ কৰিছে কিন্তু চৰকাৰী ভাৱে হত্যা কৰা হৈছে বুলি স্বীকাৰ কৰা নাই। মৃত্যুৰ সময়ত ষাশ্বকজীয়ে ইষ্টানবুলত পি এইচ ডি কৰি থকা হেটিছ চেঙিজ নামৰ এগৰাকী মহিলাক বিবাহ কৰিবলৈ মন মেলিছিল আৰু সেই সংক্ৰান্তত কিবা কাগজ-কৰ্মৰ বাবে চৌদি আৰবৰ দূতাৱাসলৈ যাব লগা হৈছিল। ইতিপূৰ্বে ষাশ্বকজীৰ তিনিবাৰ বিবাহ আৰু তিনিবাৰ বিবাহ বিচ্ছেদ হৈছিল। আমেৰিকা যুক্তৰাজ্যত চৌদি আৰবৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্য্যৰত হৈ থকা খালিদ-বিন-ছলমান ৰাজকুমাৰ মহম্মদ-বিন-ছলমানৰ নিজৰ ভায়েক যাৰ সৈতে ষাশ্বকজীয়ে ফোনত কথা পতাৰ তথ্য অনুসৰি ষাশ্বকজীক ৰাষ্ট্ৰদূত জনে তেওঁৰ কাগজ-কৰ্মৰ বাবে ইষ্টানবুলৰ চৌদি দূতাৱাসলৈ যাবলৈ উপদেশ দিছিল আৰু দূতাৱাসৰ ভিতৰত একো ভয় নাই বুলি অভয় দানো দিছিল। আমেৰিকাৰ কেন্দ্ৰীয় গুপ্তচৰী সংস্থা চিআইএ ৰ দ্বাৰা ধৰা পেলোৱা এই তথ্যৰ ভিত্তিত চৌদি ৰাজপৰিয়াল বিশেষকৈ ৰাজকুমাৰ মহম্মদ-বিন-ছলমানক হত্যাকাণ্ডৰ লগত গভীৰ ভাৱে জড়িত হৈ থকাৰ বিষয়ে চিআইএ য়ে অনুমান কৰিছে বুলি দি ৱাছিংটন পোষ্ট কাকতে ১৬ নৱেম্বৰ ২০১৮ ত বাতৰি প্ৰকাশ কৰে। আমেৰিকাই অবশ্যে চৰকাৰী ভাৱে ৰাজকুমাৰ মহম্মদ বিন ছলমানক হত্যাকাণ্ডৰ বাবে প্ৰত্যক্ষ ভাৱে জগৰীয়া বুলি কবলৈ বিচৰা নাই যদিও হত্যাকাণ্ডত জড়িত বুলি চৌদি চৰকাৰৰ কেবাজনো বিষয়াৰ ওপৰত শাস্তিমূলক নিষেধাজ্ঞা আৰোপ কৰে। তথ্য সংগ্ৰহ সাংবাদিক চৌদি আৰৱৰ
26370
https://as.wikipedia.org/wiki/%E0%A6%86%E0%A6%AB%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%A8
আফগানিস্তান
আফগানিস্তান (পশতু ভাষা: দে আফগ়ানিস্তান ইছলামি ফাৰ্ছী: জোমহুৰীয়ে এছলমীয়ে অ্যাফগ়নেস্তন)ৰ চৰকাৰী নাম হৈছে আফগানিস্তান ইছলামী প্ৰজাতন্ত্ৰ। ই দক্ষিণ-পশ্চিম এছিয়াৰ এখন ৰাষ্ট্ৰ। ৰাষ্ট্ৰখন ইৰাণ, পাকিস্তান, চীন, তাজিকিস্তান, উজবেকিস্তান আৰু তুৰ্কমেনিস্তানৰ মধ্যস্থলত এটা ভূ-বেষ্টিত মালভূমিৰ ওপৰত অৱস্থিত। আফগানিস্তানৰ পূব আৰু দক্ষিণে পাকিস্তান, পশ্চিমে ইৰাণ, উত্তৰে তুৰ্কমেনিস্তান, উজবেকিস্তান আৰু তাজিকিস্তান, উত্তৰ-পূবত চীন অৱস্থিত। আফগানিস্তান শব্দটোৰ অৰ্থ "আফগান (তথা পশতুন) জাতিৰ দেশ।" আফগানিস্তানৰ অধিকাংশ অঞ্চল পৰ্বত আৰু মৰুভূমিৰে আবৃত। দেশখনৰ বৃহত্তম চহৰ আৰু ৰাজধানী হৈছে কাবুল। ইতিহাস ঐতিহাসিক প্ৰত্নতাত্বিক স্থান খনন কৰি দেখা গৈছে যে উত্তৰ আফগানিস্তানত প্ৰায় ৫০,০০০ বছৰ আগৰপৰাই মানুহৰ বসতি আছিল। ধাৰণা কৰা হয় যে আফগানিস্তানৰ খেতি কৰা সম্প্ৰদায় বিশ্বৰ প্ৰাচীনতম খেতি কৰা সম্প্ৰদায়ৰ ভিতৰত অন্যতম। ২০০০ খ্ৰীষ্টপূৰ্বৰ পিছত এই অঞ্চললৈ মধ্য এছিয়াৰ লোক আধুনিক আফগানিস্তানৰ সীমান্তত আহি থাকিবলৈ লৈছিল। এই লোকসকলে পৰৱৰ্তী কালত ইৰাণ, ভাৰত আৰু ইউৰোপৰ দিশে বসতি স্থাপন কৰিছিল। তেতিয়া এই অঞ্চলৰ নাম আছিল আৰিয়ানা। ভূগোল আফগানিস্তানৰ উত্তৰে তুৰ্কমেনিস্তান, উজবেকিস্তান আৰু তাজিকিস্তান; পূবে চীন আৰু পাকিস্তান-নিয়ন্ত্ৰিত জম্মু আৰু কাশ্মীৰ; দক্ষিণে পাকিস্তান আৰু পশ্চিমে ইৰাণ অৱস্থিত। দেশখনৰ মুঠ মাটিকালি ৬৫২,২২৫ বৰ্গ কিঃমিঃ (২৫১,৮২৫ বৰ্গমাইল)। মাটিকালিৰ ফালৰপৰা আফগানিস্তান ৪১তম বৃহত্তম ৰাষ্ট্ৰ। পূবৰপৰা পশ্চিমলৈ সৰ্বোচ্চ দৈৰ্ঘ্য ১,২৪০ কিঃমিঃ (৭৭০ মাইল); উত্তৰৰপৰা দক্ষিণলৈ সৰ্বোচ্চ ১,০১৫ কিঃমিঃ (৬৩০ মাইল)। উত্তৰ-পশ্চিম, পশ্চিম আৰু দক্ষিণৰ সীমান্তবৰ্তী অঞ্চলসমূহ মূলত মৰুভূমি আৰু পৰ্বতশ্ৰেণী। উত্তৰ-পূবৰ দিশটো লাহে লাহে ওখ হৈ হিমবাহ-আবৃত পশ্চিম হিমালয়ৰ হিন্দুকুশ পৰ্বতৰ সৈতে মিলিত হৈছে।"আমু দৰিয়া" নদী আৰু ইয়াৰ উপনদী "পাঞ্জ" দেশখনৰ উত্তৰ সীমান্ত নিৰ্ধাৰণ কৰিছে। আফগানিস্তানৰ অধিকাংশ অঞ্চল উচ্চ পৰ্বতময় অঞ্চল। দেশখনৰ প্ৰায় অৰ্ধেক অঞ্চলৰ উচ্চতা সমুদ্ৰ পৃষ্ঠৰপৰা ২,০০০ মিটাৰ বা তাতোধিক উচ্চতাত অবস্থিত। সৰু সৰু হিমবাহ আৰু বছৰব্যাপী তুষাৰক্ষেত্ৰ প্ৰায়েই পৰিলক্ষিত হয়। উত্তৰ-পূব সীমান্তত অৱস্থিত ৭,৪৮৫ মিটাৰ উচ্চতা বিশিষ্ট "নছাক" আফগানিস্তানৰ উচ্চতম পৰ্বতশৃঙ্গ। নদী উপত্যকা আৰু কিছু ভূগৰ্ভস্থ পানীবিশিষ্ট নিম্নভূমি কৃষিভূমি বা অন্য কোনো কামৰ উপযোগী নহয়। মাত্ৰ ১২ শতাংশ অঞ্চল পশু চৰোৱাৰ যোগ্য। দেশখনৰ মাত্ৰ ১ শতাংশ অঞ্চল বনাঞ্চল, আৰু এইসমূহ মূলতঃ পূব আৰু দক্ষিণ-পূব আফগানিস্তানত অৱস্থিত। নদী আৰু জলাশয় আফগানিস্তানৰ বেছি ভাগ প্ৰধান নদীৰ উৎপত্তি হৈছে পাৰ্বত্য জলধাৰা। বসন্ত কালত পৰ্বতৰ বৰফ গলা আৰম্ভ হৈ ইয়াত পানীপ্ৰবাহ বৃদ্ধি পায়। বেছিভাগ নদীয়েই হ্ৰদ নতুবা জলাশয়ত পৰিছেগৈ। কাবুল নদী ইয়াৰ ব্যতিক্ৰম; ই পূবলৈ বৈ গৈছে আৰু পাকিস্তানৰ সিন্ধু নদীৰ সৈতে মিলিছে আৰু ভাৰত মহাসাগৰত পৰিছেগৈ। দেশখনৰ একমাত্ৰ নৌ-পৰিবহণযোগ্য নদীখন হ'ল উত্তৰ সীমান্তৰ "আমু দৰিয়া।" পামিৰ মালভূমিত উৎপত্তি হোৱা পাঞ্জ আৰু বখছ উপনদী গৈ "আমু দৰিয়া" লগত মিলিছেগৈ।"হাৰিৰুদ নদী" মধ্য আফগানিস্তানত উৎপত্তি হৈ পশ্চিম আৰু উত্তৰ-পশ্চিম দিশে বৈ গৈ ইৰাণৰ লগত সীমান্ত সৃষ্টি কৰিছে।"হেলমান্দ নদী" কেন্দ্ৰীয় হিন্দুকুশ পৰ্বতমালাত উৎপত্তি হৈ দেশখনৰ দক্ষিণ-পশ্চিম অংশ অতিক্ৰম কৰি ইৰাণত প্ৰবেশ কৰিছে। আফগানিস্তানৰ হ্ৰদৰ সংখ্যা আৰু আকাৰ তেনেই কম। ইয়াৰ ভিতৰত তাজিকিস্তান সীমান্তত অৱস্থিত জাৰ্কোল হ্ৰদ, বাদাখছানে অৱস্থিত শিভেহ হ্ৰদ আৰু গজনীৰ দক্ষিণে অৱস্থিত লবণাক্ত হ্ৰদ ইস্তাদেহ-ইয়ে মোকোৰ প্ৰধান। জলবিদ্যুৎ উৎপাদনৰ কাৰণে কিছুমান নদীত বান্ধ দি কৃত্ৰিম জলাশয়ৰ সৃষ্টি কৰা হৈছে। ইয়াৰ ভিতৰত কাবুল চহৰৰ পূবে কাবুল নদীৰ ওপৰত নিৰ্মিত "ছাৰোবি" আৰু "নাগলু" বান্ধ, হেলমান্দ নদীৰ ওপৰত নিৰ্মিত "কাজাকি জলাশয়", আৰু কান্দাহাৰ চহৰৰ ওচৰত হেলমান্দ নদীৰ এখন উপনদীৰ ওপৰত নিৰ্মিত "আৰ্গান্দাব বান্ধ।" জীৱ-জগত আফগানিস্তানৰ পাৰ্বত্য অঞ্চলত চিৰসেউজ বন, ওক, পপলাৰ, হেজেলনাট ঝাড়, কাঠবাদাম, পেস্তাবাদাম ইত্যাদি দেখা পোৱা যায়। উত্তৰৰ সমতলভূমি মূলতঃ শুকান, বৃক্ষহীন ঘাঁহনি আৰু দক্ষিণ-পশ্চিমৰ সমভূমি বসবাসৰ অনুপযোগী মৰুভূমি অঞ্চল। শুকান অঞ্চলৰ গছৰ ভিতৰত ক্যামেল থৰ্ন, লোকোউইড, মিমোসা, ওয়াৰ্মউড, সেজব্ৰাশ ইত্যাদি। আফগানিস্তানৰ বনাঞ্চলত দেখা পোৱা প্ৰাণীৰ ভিতৰত আছে "আৰ্গালি" (মাৰ্ক' প'ল' ভেড়া নামেৰেও পৰিচিত), "উৰিয়াল" (বন্য ভেড়া), "আইবেক্স" বা বুনো ছাগলী, ভালুক, শিয়াল, হায়েনা ইত্যাদি। ইয়াৰ উপৰিও বন্য শহাপহু আৰু অনেক তীক্ষ্ণদন্ত প্ৰাণী দেখা পোৱা যায়। ইয়াৰ ভিতৰত কিছু কিছু স্তন্যপায়ী বিলুপ্ত হৈ গৈছে। গ্যাজেল হৰিণ, চিতা, বৰফ চিতা, মাৰ্কৰ ছাগলী আৰু বাকত্ৰীয় হৰিণ সকলোতকৈ বেছি সমস্যাৰ সম্মুখীন। আফগানিস্তানত প্ৰায় ২০০ জাতিৰ চৰাইও দেখা পোৱা যায়। ফ্লেমিংগো আৰু অন্যান্য জলচৰ চৰাই গজনীৰ উত্তৰ আৰু দক্ষিণে হ্ৰদ অঞ্চলত দেখা পোৱা যায়।"ছাইবেৰীয় বগলী"ৰ দৰে কিছুমান চৰাইয়ে চিকাৰৰ বাবে অস্তিত্ব হেৰুৱাৰ সম্মুখীন হৈছে। জলবায়ু আফগানিস্তানৰ অধিকাংশ অঞ্চলতেই অধঃ সুমেৰুদেশীয় পাৰ্বত্য জলবায়ু বিদ্যমান। অন্যহাতে শীতকাল শুকান হয়। পৰ্বতীয় অঞ্চলত আৰু পাকিস্তানৰ সীমান্তবৰ্তী কিছু উপত্যকাত মৌচুমী বায়ু বয়। আফগানিস্তানৰ মূলতঃ ঋতু দুটা। গ্ৰীষ্মকাল আৰু শীতকাল। উত্তৰৰ উপত্যকাত ৪৯° ছেলছিয়াছ পৰ্য্যন্ত তাপমাত্ৰা গ্ৰীষ্মকালত হোৱাৰো তথ্য আছে। শীতকালৰ সময়ত হিন্দুকুশ আৰু ইয়াৰ আশেপাশে থকা ২০০০ মিটাৰ উচ্চতাবিশিষ্ট অঞ্চলৰ তাপমাত্ৰা -৯° ছেলছিয়াছলৈকে নামে। অন্যান্য উচ্চ অঞ্চলৰ উচ্চতাভেদে তাপমাত্ৰাৰ তাৰতম্য ঘটে। অৰ্থাৎ এদিনতে তাপমাত্ৰাৰ ব্যাপক তাৰতম্য ঘটিব পাৰে। অক্টোবৰ আৰু এপ্ৰিলৰ মাজসময়ত বৃষ্টিপাত হয়। মৰুভূমি অঞ্চলত বছৰি ৪ ইঞ্চিতকৈও কম বৃষ্টি হয়। অন্যহাতে পৰ্বত অঞ্চলৰ বছৰ বৃষ্টিপাতৰ পৰিমাণ ৪০ ইঞ্চিৰো বেছি হয় আৰু ইয়াৰ অধিকাংশই তুষাৰপাত। পশ্চিম দিশত সূৰ্য্যৰ উত্তাপত স্থানীয় ঘূৰ্ণিবায়ু উঠাটো এটা সাধাৰণ ঘটনা। প্ৰাকৃতিক সম্পদ আফগানিস্তানত কম পৰিমাণৰ মণি, সোণ, তাম আৰু কয়লা পোৱাৰ ইতিহাস থাকিলেও প্ৰণালীবদ্ধভাবে খনিজ আহৰণ ১৯৬০ দশকৰ পৰা আৰম্ভ হয়। ১৯৭০ দশকত দেশখনত উত্তৰ অঞ্চলত প্ৰাকৃতিক গেছৰ সম্ভেদ পোৱা যায়। ইয়াৰ পিছত পেট্ৰোলিয়াম আৰু কয়লাৰো সম্ভেদ পোৱা যায়। দেশখনত উল্লেখযোগ্য পৰিমাণৰ তাম, লোহা, ক্ৰ'মাইট, দস্তা, গন্ধক, লৱণ, ইউৰেনিয়াম আৰু অভ্ৰৰ খনি আছে। তেতিয়াৰ ছোভিয়ত আক্ৰমণ আৰু তৎপৰবৰ্তী গৃহযুদ্ধৰ কাৰণে আফগানিস্তান এই খনিজ সম্পদৰ সদ্ব্যবহাৰ কৰিব পৰা নাছিল। বহু শতাব্দী ধৰি আফগানিস্তান দুষ্প্ৰাপ্য আৰু অৰ্ধ-দুষ্প্ৰাপ্য পাথৰৰো উৎসস্থল। প্ৰশাসনিক অঞ্চলসমূহ আফগানিস্তান প্ৰশাসনিকভাবে ৩৪টি প্ৰদেশ বা ৱিলায়ত-ত বিভক্ত কৰা হৈছে। প্ৰতিখন প্ৰদেশৰ নিজস্ব ৰাজধানী আছে। এই প্ৰদেশবিলাকক পুনৰ ৩৯৮খন সৰু সৰু জিলাত বিভক্ত কৰা হৈছে। সাধাৰণতে একোখন চহৰ আৰু গ্ৰাম্য অঞ্চলৰ সৈতে একোখন জিলা গঠিত হৈছে। আফগানিস্তানৰ সকলো প্ৰদেশৰ নাম তলত দিয়া হ'ল (প্ৰদেশবোৰৰ ক্ৰমিক সংখ্যাৰ লগত মানচিত্ৰৰ মিল আছে)। পৰিবহণ ব্যৱস্থা অসমান ভৌগোলিক বৈশিষ্ট্য আৰু যথাযথ পৰিবহণ ব্যৱস্থাৰ অভাৱত আফগানিস্তানৰ অভ্যন্তৰীণ ভ্ৰমণ অত্যন্ত দুৰূহ। দেশখঅনৰ প্ৰায় ২৪ শতাংশ ৰাস্তা কেঁচা। কিছুমান ৰাস্তা শীতকাল আৰু বসন্তকালত বৰফ পৰি বন্ধ হৈ যায়। চহৰবিলাকত তিনিচকীয়া অটোৰিক্সা সাধাৰণ যানবাহন। অনেক ঠাইত ঘোঁৰা গাড়ীৰ ব্যবহাৰ কৰা হয়। গ্ৰামাঞ্চলত আফগান লোকসকলে গাধ অথবা ঘোঁৰা আৰু কেতিয়াবা উটৰ পিঠিত উঠি ভ্ৰমণ কৰে। ইয়াৰ স্থলপথেদি অন্যান্য দেশৰ লগত আমদানি-ৰপ্তানি কৰা হয়। ৰেল পৰিবহণ নগণ্য, সেয়ে দেশৰ বয়-বস্তুৰ পৰিবহণ মূলতঃ ৰাস্তায়েদি কৰা হয়। আফগানিস্তানত কোনো সমুদ্ৰ বন্দৰ নাই। নদী পৰিবহণ মূলতঃ আমু দৰিয়া নদীতেই সীমাবদ্ধ। আমু দৰিয়া নদীতে কেলেফত, খয়ৰাবাদ আৰু শিৰ খান নদীবন্দৰ অৱস্থিত। বিমানপথ আফগানিস্তানত প্ৰায় ৫৩টা বিমানবন্দৰ আছে। ইয়াৰ ভিতৰত "কাবুল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ", দক্ষিণৰ "কাণ্ডাহাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ", পশ্চিমৰ "হেৰত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ" আৰু উত্তৰৰ "মাজাৰ-এ-শ্বৰীফ বিমানবন্দৰ" প্ৰধান। আৰিয়ানা আফগান এয়াৰলাইঞ্চৰ দ্বাৰা কাবুল, কাণ্ডাহাৰ, হেৰত আৰু মাজাৰ-এ-শ্বৰীফৰ মাজত অভ্যন্তৰীণ বিমান চলাচল কৰে। ছৌদি আৰব, জাৰ্মানী, তুৰ্কী, ভাৰত, ইৰাণ, পাকিস্তান আৰু এছিয়াৰ বিভিন্ন স্থানলৈ আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল কৰে। চুবুৰীয়া ৰাজ্যৰ তুৰ্কিছ এয়াৰলাইঞ্চ, গালফ এয়াৰ, এয়াৰ আৰবীয়া, এয়াৰ ইণ্ডিয়া ও আফগানিস্তানলৈ বিমান সেৱা আগবঢ়ায়। দেশখনত বিমানসেৱা আগবঢ়োৱা ব্যক্তিগত খণ্ডৰ কেইটামান উল্লেখযোগ্য সংস্থান হৈছে: কাম এয়াৰ পামিৰ এয়াৰৱেইজ ছাফি এয়াৰৱেইজ জনগাঁথনি জাতি আফগানিস্তানত বহুতো জাতিৰ লোকে বসবাস কৰে। ইয়াৰ প্ৰায়বিলাক লোকেই মুছলিম ধৰ্মৰ। ইয়াত মধ্য এছিয়া, চীন, ভাৰতীয় উপমহাদেশ আৰু ইৰাণ এই সকলো সাংস্কৃতিক অঞ্চলৰে মিলন ঘটিছে। ইয়াৰ ফলত দেশখনত বিপুল ভাষাগত আৰু জাতিগত বৈচিত্ৰ্যৰ সৃষ্টি হৈছে। বহু শতিকা ধৰি মানুহৰ চলাচল, ৰাজনৈতিক বিপ্লৱ, আক্ৰমণ, ৰাজ্যবিজয় আৰু যুদ্ধৰ ফলত বহু লোকৰ এই অঞ্চললৈ আগমন ঘটিছে। ভাষা আফগানিস্তানৰ চৰকাৰী ভাষা হৈছে দাৰি (ফাৰ্ছী) আৰু পশতু। অন্যান্য ভাষা যেনে- আৰবী, তুৰ্কমেন, বালছি আৰু নুৰিস্তানী ভাষাসমূহ বিভিন্ন জাতিসমূহে নিজৰ মাতৃভাষা হিচাবে ব্যৱহাৰ কৰে। উপ-ভাষাসমূহৰ ভিতৰত "পামিৰি", "হিন্দকু" আৰু "ব্ৰাহুই" প্ৰধান। বহুতো আফগান লোক উৰ্দু, পঞ্জাবী, হিন্দী, ইংৰাজী আৰু বিভিন্ন ভাষা ব্যৱহাৰ কৰিব পাৰে। ধৰ্ম আফগানিস্তানৰ প্ৰায় ৯৯ শতাংশই মুছলিম লোক। ইয়াৰ ভিতৰত ৮০-৮৫ শতাংশ চুন্নি আৰু প্ৰায় ১৪-১৯ শতাংশ ছিয়া মুছলিম লোক। ইয়াৰ উপৰিও চহৰসমূহত বহুতো হিন্দু, শিখ আৰু ইহুদী ধৰ্মৰ লোক আছে। ১৯৬০ৰ দশকত অনেক আফগান ইহুদী ইছৰাইললৈ প্ৰব্ৰজন কৰে। হজৰত মহম্মদ কবৰ মাজাৰ-এ-শ্বৰীফ মুছলিমসকলৰ তীৰ্থস্থান। শিক্ষা আফগানিস্তানত দুই ধৰণৰ শিক্ষাব্যৱস্থা বিদ্যমান। এটা হ'ল প্ৰাচীনকালত প্ৰচলিত মাদ্ৰাছা ব্যবস্থা, য'ত মোল্লাৰ কোৰান পঢ়া- লিখা আৰু প্ৰাথমিক গণিত শিক্ষা দিয়া হয়। অন্য শিক্ষা ব্যৱস্থাতো১৯৬৪ চনত আফগান সংবিধান অনুসৰি পশ্চিমীয়া শিক্ষাব্যৱস্থাৰ অনুসৰণত প্ৰৱৰ্তন কৰা হৈছিল, য'ত সমস্ত বয়সৰ স্তৰত শিক্ষাগ্ৰহণ বিনামূল্য আৰু বাধ্যতামূলক আছিল। কিন্তু এই ব্যবস্থাৰ লক্ষ্য পূৰণ হোৱা নাই। পাঁচ বছৰৰ প্ৰাথমিক শিক্ষাৰ ওপৰত জোৰ দিয়া হয়। কাবুল আৰু অন্যান্য ডাঙৰ চহৰসমূহত মাধ্যমিক স্কুলৰ ব্যৱস্থা আছিল। কিন্তু সংখ্যাগৰষ্ঠ আফগান লোক এমন অঞ্চলত বসবাস কৰিছিল, য'ত কোনো স্কুল নাছিল। এক দশকৰো অধিক কাল যুদ্ধৰ বাবে দেশখনৰ শিক্ষাব্যৱস্থাৰ বহুতো ক্ষতি হৈছিল। গৃহযুদ্ধৰ কাৰণে দেশখনৰ প্ৰায় সকলো বিদ্যালয় আৰু উচ্চতৰ বিদ্যাপ্ৰতিষ্ঠানসমূহ বন্ধ হৈ গৈছিল। তালিবানে মহিলাৰ শিক্ষা নিষিদ্ধ কৰে। কেৱল কুৰাণ শ্বৰীফ মুখস্থ কৰা অনুমোদিত আছিল। ২০০১ চনত তালিবানৰ পতন হোৱাৰ পিছত দেশখনৰ শিক্ষা ব্যৱস্থা পূৰ্বৰ তুলনাত উন্নত হয়। ১৯৩২ চনত প্ৰতিষ্ঠিত কাবুল বিশ্ববিদ্যালয় দেশখনৰ বৃহত্তম আৰু সম্মানিত শিক্ষাপ্ৰতিষ্ঠান। ২০০২ চনত কাবুল বিশ্ববিদ্যালয় পুৰুষ আৰু মহিলা দুয়োৰে বাবে পুনৰ মুকলি কৰা হয়। ২০১১ চনৰ পৰিসংখ্যা মতে, প্ৰায় ৮২,০০০ ছাত্ৰ-ছাত্ৰীয়ে দেশখনৰ বিভিন্ন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল। ২০০৬ চনত সহশিক্ষামূলক আফগানিস্তান মাৰ্কিন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়; ইয়াত শিক্ষাৰ মাধ্যম ইংৰাজী। মাজাৰ-ই-শ্বৰীফ চহৰত ৬০০ একৰ এলেকা জুৰি বালখ বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম-কাজ আৰম্ভ কৰা হৈছে। দেশখনৰ সাক্ষৰতা হাৰ প্ৰায় ২৮%। ইয়াৰ ভিতৰত মহিলাৰ সাক্ষৰতা হাৰ প্ৰায় ১০%। আফগানিস্তানত অৱস্থিত কেইখনমান উল্লেখযোগ্য বিশ্ববিদ্যালয়ৰ নাম হৈছে: কাবুল বিশ্ববিদ্যালয় আমেৰিকান ইউনিভাৰ্চিটি অফ আফগানিস্তান কাণ্ডহাৰ বিশ্ববিদ্যালয় হেৰত বিশ্ববিদ্যালয় বালখ বিশ্ববিদ্যালয় নানগঢ়হাৰ বিশ্ববিদ্যালয় খৌষ্ট বিশ্ববিদ্যালয় তথ্য সংগ্ৰহ বাহ্যিক সংযোগ এছিয়াৰ দেশ ৰাষ্ট্ৰসংঘৰ সদস্য
99272
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%A4
শ্বৰীয়ত
শ্বৰীয়ত বা শ্বৰীয়াহ হৈছে ইছলামিক পৰম্পৰাৰ এটা অংশ হিচাপে গঠিত ধৰ্মীয় আইনৰ এটা শৰীৰ। ইছলামৰ ধৰ্মীয় উপদেশৰ পৰা উদ্ভৱ হোৱা আৰু ইছলামৰ পবিত্ৰ শাস্ত্ৰ বিশেষকৈ কোৰআন আৰু হাদিছৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। আৰবী ভাষাত শ্বৰীয়াহ শব্দটোৱে আল্লাহৰ অপৰিৱৰ্তিত ঐশ্বৰিক বিধানক বুজায় আৰু ইয়াৰ বিপৰীতে ফিকহ, যিয়ে ইয়াৰ মানৱীয় পণ্ডিতৰ ব্যাখ্যাক বুজায়। সময়ৰ লগে লগে আইনী বিদ্যালয়ৰ উত্থান ঘটিছে, যিয়ে বিশেষ সমাজ আৰু চৰকাৰৰ পছন্দৰ লগতে ইছলামিক পণ্ডিত বা ইমামসকলে আইন আৰু নিয়মৰ তাত্ত্বিক (উছুল) আৰু ব্যৱহাৰিক প্ৰয়োগ (ফুৰু’/ফতোৱা)ৰ ওপৰত কৰা কামৰ জৰিয়তে প্ৰতিফলিত কৰিছে। কিন্তু ইছলামত শ্বৰীয়ত কেতিয়াও একমাত্ৰ বৈধ আইনী ব্যৱস্থা হোৱা নাই, আৰু আৰম্ভণিৰে পৰাই ইয়াক সদায় উৰ্ফ (প্ৰথাগত আইন)ৰ কাষত ব্যৱহাৰ কৰা হৈছে। শ্বৰীয়ত বা শ্বৰীয়াহ হৈছে ইছলামিক পৰম্পৰাৰ এটা অংশ হিচাপে গঠিত ধৰ্মীয় আইনৰ এটা শৰীৰ। ইছলামৰ ধৰ্মীয় উপদেশৰ পৰা উদ্ভৱ হোৱা আৰু ইছলামৰ পবিত্ৰ শাস্ত্ৰ বিশেষকৈ কোৰআন আৰু হাদিছৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। আৰবী ভাষাত শ্বৰীয়াহ শব্দটোৱে আল্লাহৰ অপৰিৱৰ্তিত ঐশ্বৰিক বিধানক বুজায় আৰু ইয়াৰ বিপৰীতে ফিকহ, যিয়ে ইয়াৰ মানৱীয় পণ্ডিতৰ ব্যাখ্যাক বুজায়। সময়ৰ লগে লগে আইনী বিদ্যালয়ৰ উত্থান ঘটিছে, যিয়ে বিশেষ সমাজ আৰু চৰকাৰৰ পছন্দৰ লগতে ইছলামিক পণ্ডিত বা ইমামসকলে আইন আৰু নিয়মৰ তাত্ত্বিক (উছুল) আৰু ব্যৱহাৰিক প্ৰয়োগ (ফুৰু’/ফতোৱা)ৰ ওপৰত কৰা কামৰ জৰিয়তে প্ৰতিফলিত কৰিছে। কিন্তু ইছলামত শ্বৰীয়ত কেতিয়াও একমাত্ৰ বৈধ আইনী ব্যৱস্থা হোৱা নাই, আৰু আৰম্ভণিৰে পৰাই ইয়াক সদায় উৰ্ফ (প্ৰথাগত আইন)ৰ কাষত ব্যৱহাৰ কৰা হৈছে। ইছলামিক ন্যায়বিজ্ঞানৰ পৰম্পৰাগত তত্ত্বই শ্বৰীয়তৰ চাৰিটা উৎসক স্বীকৃতি দিয়ে: কোৰআন, ছুন্নাহ (প্ৰামাণিক হাদিছ), কিয়াছ (উপমান যুক্তি),, আৰু ইজমা (বিধিগত ঐকমত্য)। ইস্তিহাদ নামেৰে জনাজাত প্ৰক্ৰিয়া ব্যৱহাৰ কৰি পাঁচটা ছুন্নী মাজহাব (ছুন্নী ইছলামৰ আইনী বিদ্যালয়), হানাফি, মালিকি, শ্বাফি, হাম্বালি আৰু জাহিৰিয়ে শাস্ত্ৰীয় উৎসৰ পৰা শ্বৰীয়ত ৰায় উলিয়াবলৈ ছুন্নী পদ্ধতি উদ্ভাৱন কৰিছিল। পৰম্পৰাগত ন্যায়বিজ্ঞানে (ফিকহ) আইনৰ দুটা প্ৰধান শাখা ইবাদত (আচাৰ-ব্যৱহাৰ) আৰু মুআমালাত (সামাজিক সম্পৰ্ক)ক পৃথক কৰে, যিবোৰে একেলগে বহুতো বিষয়ক সামৰি লয়। ইয়াৰ ৰায়দানসমূহ আইনী নীতিৰ সৈতেও সিমানেই নৈতিক মানদণ্ডৰ সৈতে জড়িত, কাৰ্য্যসমূহক পাঁচটা শ্ৰেণীৰ ভিতৰত এটাত নিযুক্ত কৰা হয়: বাধ্যতামূলক, পৰামৰ্শ দিয়া, নিৰপেক্ষ, ঘৃণনীয় আৰু নিষিদ্ধ। ফিকহক শতিকাজুৰি যোগ্য আইনবিদ (মুফতি)সকলে জাৰি কৰা আইনী মতামত (ফতোয়া)ৰ দ্বাৰা বিশদভাৱে প্ৰকাশ কৰা হৈছিল আৰু ঐতিহাসিকভাৱে শাসক নিযুক্ত ন্যায়াধীশসকলে শ্বৰীয়ত আদালতত প্ৰয়োগ কৰা হৈছিল, ইয়াৰ পৰিপূৰক আছিল মুছলমান শাসকসকলে জাৰি কৰা বিভিন্ন অৰ্থনৈতিক, অপৰাধমূলক আৰু প্ৰশাসনিক আইন। একবিংশ শতিকাত শ্বৰীয়তৰ ভূমিকা সমগ্ৰ বিশ্বতে ক্ৰমান্বয়ে প্ৰতিদ্বন্দ্বিতামূলক বিষয় হৈ পৰিছে। আধুনিক যুগত ইয়াৰ প্ৰয়োগৰ ধৰণ মুছলমান মৌলবাদী আৰু আধুনিকতাবাদীৰ মাজত বিতৰ্কৰ বিষয় হৈ আহিছে। গণতন্ত্ৰ, মানৱ অধিকাৰ, সংখ্যালঘুৰ অধিকাৰ, চিন্তাৰ স্বাধীনতা, নাৰীৰ অধিকাৰ আৰু বেংকিঙৰ লগত শ্বৰীয়ত সামঞ্জস্যপূৰ্ণ বুলি যুক্তি দিয়া প্ৰগতিশীল লোক আছে। মানৱ অধিকাৰ সংগঠনৰ মতে কিছুমান পৌৰাণিক শ্বৰীয়ত প্ৰথাত মৌলিক মানৱ অধিকাৰ, লিংগ সমতা আৰু মত প্ৰকাশৰ স্বাধীনতাৰ বিৰুদ্ধে গুৰুতৰ উলংঘা জড়িত হৈ থাকে আৰু শ্বৰীয়ত পৰিচালিত দেশসমূহৰ প্ৰথাক সমালোচনা কৰা হয়। ইয়াৰ বিপৰীতে "মানৱ অধিকাৰৰ ধাৰণা" ইৰান আৰু চৌদি আৰৱৰ দৰে দেশৰ চৰকাৰে ইয়াক ধৰ্মনিৰপেক্ষ আৰু পশ্চিমীয়া মূল্যবোধৰ অন্তৰ্গত বুলি দোষীভাৱে বাদ দিব পাৰে, আৰু ইছলামিক সহযোগিতা সংস্থাই এই বিষয়ত কায়ৰো সন্মিলনে ঘোষণা কৰে যে মানৱ অধিকাৰ ইছলামৰ সৈতে সামঞ্জস্যপূৰ্ণ হ’লেহে সন্মান কৰিব পৰা যাব। ষ্ট্ৰাছবাৰ্গৰ ইউৰোপীয় মানৱ অধিকাৰ আদালতে কেইবাটাও গোচৰত ৰায় দিছিল যে শ্বৰীয়ত “গণতন্ত্ৰৰ মৌলিক নীতিৰ সৈতে অসঙ্গতিপূৰ্ণ”। আধুনিক যুগত মুছলমান দেশসমূহত ইউৰোপীয় আৰ্হিৰ সৈতে পৰম্পৰাগত আইনসমূহ বহুলভাৱে ব্যৱহাৰ কৰা হৈছে। ন্যায়িক পদ্ধতি আৰু আইনী শিক্ষাকো একেদৰেই ইউৰোপীয় প্ৰথাৰ লগত মিলাই অনা হৈছে। বেছিভাগ মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্যৰ সংবিধানত শ্বৰীয়তৰ উল্লেখ আছে যদিও ইয়াৰ নিয়মসমূহ বহুলাংশে কেৱল পৰিয়াল আইনতহে ৰখা হৈছে। ২০ শতিকাৰ শেষৰ ফালে ইছলামিক পুনৰুজ্জীৱনে ইছলামিক আন্দোলনসমূহে শ্বৰীয়ত সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ আহ্বান আনিছিল, য’ত শিলগুটিৰ দৰে হুদুদ শাৰীৰিক শাস্তিও আছিল। ব্যুৎপত্তি আৰু ব্যৱহাৰ সমসাময়িক ব্যৱহাৰ মধ্যপ্ৰাচ্যৰ আৰবী ভাষী জনগোষ্ঠীসমূহে এটা ভৱিষ্যদ্বাণীমূলক ধৰ্মক সৰ্বমুঠভাৱে বুজাবলৈ শ্বৰীআহ শব্দটো ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে, শ্বৰীয়তত মুছাৰ অৰ্থ হ'ল মোচিৰ বিধান বা ধৰ্ম আৰু শ্বৰী-আতু-না যিকোনো একশ্বৰবাদী বিশ্বাসৰ উল্লেখত "আমাৰ ধৰ্ম" বুজাব পাৰে। ইছলামিক বক্তৃতাৰ ভিতৰত শৰীয়াহ মুছলমানসকলৰ জীৱন নিয়ন্ত্ৰণ কৰা ধৰ্মীয় নিয়মক বুজায়। বহু মুছলমানৰ বাবে এই শব্দটোৰ অৰ্থ কেৱল "ন্যায়" আৰু তেওঁলোকে ন্যায় আৰু সমাজ কল্যাণৰ প্ৰসাৰ কৰা যিকোনো আইনক শ্বৰীয়তৰ অনুকূল বুলি বিবেচনা কৰে। জান মিচিয়েল অট্টোৱে ধৰ্মীয়, আইনী আৰু ৰাজনৈতিক বক্তৃতাত শ্বৰীয়ত শব্দটোৱে প্ৰকাশ কৰা চাৰিটা ইন্দ্ৰিয়ৰ পাৰ্থক্য কৰিছে: আল্লাহীয়, বিমূৰ্ত শ্বৰীয়ত: মানৱ জাতিৰ বাবে আল্লাহৰ পৰিকল্পনা আৰু আচৰণৰ নীতি-নিয়ম যিয়ে ইছলামিক সম্প্ৰদায়ক পথ প্ৰদৰ্শন কৰিব। বিভিন্ন দৃষ্টিভংগীৰ মুছলমানসকলে শ্বৰীয়তৰ বিমূৰ্ত ধাৰণাটোৰ প্ৰতি সন্মানৰ ক্ষেত্ৰত একমত যদিও এই শব্দটোৰ ব্যৱহাৰিক প্ৰভাৱ কেনেকৈ বুজি পায় তাত তেওঁলোকৰ মাজত পাৰ্থক্য আছে। প্ৰাচীন শ্বৰীয়ত: ইছলামৰ প্ৰথম শতিকাত ইছলামিক ফকীহসকলে বিশদভাৱে প্ৰকাশ কৰা নিয়ম আৰু নীতিৰ শৰীৰ। ঐতিহাসিক শ্বৰীয়ত(সমূহ): ইছলামিক ইতিহাসৰ সমগ্ৰ সময়ছোৱাত বিকশিত হোৱা নিয়ম আৰু ব্যাখ্যাৰ অংগ, ব্যক্তিগত বিশ্বাসৰ পৰা আৰম্ভ কৰি ৰাজ্যিক আইনলৈকে আৰু মতাদৰ্শগত বৰ্ণালীৰ মাজেৰে ভিন্ন। প্ৰাচীন শ্বৰীয়ত এই ভিন্নতাসমূহৰ বাবে প্ৰায়ে উল্লেখযোগ্য বিন্দু হিচাপে কাম কৰি আহিছে যদিও ইয়াৰ দ্বাৰা ইয়াৰ সময় আৰু স্থানৰ প্ৰভাৱো প্ৰতিফলিত হৈছে। সমসাময়িক শ্বৰীয়ত(সমূহ): বৰ্তমান বিকশিত আৰু প্ৰচলিত নিয়ম আৰু ব্যাখ্যাৰ সম্পূৰ্ণ বৰ্ণালী। ১৯ শতিকাৰ শেষৰ ফালে ইউৰোপীয় ব্যৱহাৰৰ পৰা ধাৰ কৰা আল-কানুন আল-ইছলামী ইছলামিক আইন) এটা আনুষংগিক শব্দ মুছলমান বিশ্বত আধুনিক ৰাষ্ট্ৰৰ প্ৰেক্ষাপটত আইনী ব্যৱস্থাক বুজাবলৈ ব্যৱহাৰ কৰা হয়। ব্যুৎপত্তিবিজ্ঞান মূলৰ পৰা উদ্ভৱ হোৱা আৰবী শব্দ ৰ অৰ্থৰ প্ৰাথমিক পৰিসৰ ধৰ্ম আৰু ধৰ্মীয় আইনৰ সৈতে জড়িত। অভিধান পৰম্পৰাত ব্যৱহাৰৰ দুটা প্ৰধান ক্ষেত্ৰ লিপিবদ্ধ কৰা হৈছে য’ত শব্দটো ধৰ্মীয় অৰ্থহীনভাৱে দেখা দিব পাৰে। পশুপালন বা যাযাবৰী পৰিৱেশৰ উদগনি দিয়া গ্ৰন্থসমূহত এই শব্দটো আৰু ইয়াৰ ব্যুৎপত্তিসমূহে স্থায়ী পানীৰ গাঁত বা সাগৰৰ পাৰত জীৱ-জন্তুক পানী দিয়াক বুজায়, তালৈ অহা জীৱ-জন্তুৰ বিশেষ উল্লেখ কৰে। ব্যৱহাৰৰ আন এটা ক্ষেত্ৰ টানি লোৱা বা দীঘলীয়াৰ ধাৰণাটোৰ সৈতে জড়িত। এই অৰ্থৰ পৰিসৰ হিব্ৰু ভাষাৰ ৰ সৈতে জড়িত আৰু ইয়াৰ উৎপত্তি "পথ" হোৱাৰ সম্ভাৱনা আছে। এই দুয়োটা ক্ষেত্ৰতে ধৰ্মীয় অৰ্থৰ কিছুমান দিশৰ জন্ম দিয়া বুলি দাবী কৰা হৈছে। কিছুমান পণ্ডিতে শব্দটোক "অনুসৰণ কৰিবলগীয়া পথ" (হিব্ৰু শব্দ ["যাবলৈ যোৱা পথ"]) বা "পানীৰ গাঁতলৈ যোৱা পথ" বুজোৱা এটা প্ৰাচীন আৰবী শব্দ বুলি বৰ্ণনা কৰিছে আৰু যুক্তি আগবঢ়ায় যে ইয়াক উপমা হিচাপে গ্ৰহণ কৰা হৈছে কাৰণ শুষ্ক মৰুভূমিৰ পৰিৱেশত পানীৰ গুৰুত্বৰ পৰাই আল্লাহৰ দ্বাৰা নিৰ্ধাৰিত জীৱনশৈলীৰ সৃষ্টি হয়। ধৰ্মীয় গ্ৰন্থত ব্যৱহাৰ কোৰআনত শ্বৰীয়াহ আৰু ইয়াৰ সম্পৰ্কীয় ছিৰাহ এবাৰকৈ পোৱা যায়, যাৰ অৰ্থ হৈছে "পথ।" মধ্যযুগত আৰবী ভাষী ইহুদীসকলে শব্দটো বহুলভাৱে ব্যৱহাৰ কৰিছিল, দশম শতিকাৰ আৰবী ভাষাত দ্বাৰা তৌৰাত অনুবাদত শব্দটোৰ আটাইতকৈ সাধাৰণ অনুবাদ কৰিছিল। এই শব্দটোৰ একেধৰণৰ ব্যৱহাৰ খ্ৰীষ্টান লেখকসকলৰ মাজতো পোৱা যায়। আৰবী অভিব্যক্তি "আল্লাহৰ বিধান") (হিব্ৰু ভাষাত 'আল্লাহৰ বিধান') আৰু (নতুন নিয়মত গ্ৰীক ভাষাত আল্লাহৰ বিধান')ৰ এটা সাধাৰণ অনুবাদ [ৰোম. ৭: ২২] মুছলমান সাহিত্যত শ্বৰীয়তত কোনো নবী বা আল্লাহৰ নিয়ম বা বাৰ্তাক বুজায়, ইয়াৰ বিপৰীতে ফিকহ, যি পণ্ডিতবোৰে ইয়াৰ ব্যাখ্যাক বুজায়। ১৯ শতিকাৰ শেষৰ ফালে/২০ শতিকাৰ আৰম্ভণিতে ইংৰাজী ভাষাৰ আইন সম্পৰ্কীয় পুৰণি গ্ৰন্থসমূহত শ্বৰীয়তৰ বাবে ব্যৱহাৰ কৰা শব্দটো আছিল শ্বেৰী। ইয়াক ফৰাচী ৰূপৰ -ৰ সৈতে অট্টোমান সাম্ৰাজ্যৰ সময়ত ব্যৱহাৰ কৰা হৈছিল আৰু ই তুৰ্কী শ্বেৰ’(ই)ৰ পৰা আহিছে। ঐতিহাসিক উৎপত্তি একেধৰণৰ আইনী ধাৰণা চকুৰ বিপৰীতে চকু প্ৰথমে হাম্মুৰাবীৰ সংহিতাত লিপিবদ্ধ কৰা হৈছিল। প্ৰাক-ইছলামিক আৰব সমাজত আন্তঃজনজাতি সংঘাতত সমাধানৰ আহিলা হিচাপে ব্যৱহাৰ কৰা এটা প্ৰথা আছিল কিছাছ। এই সংকল্পৰ ভিত্তি আছিল যে হত্যাকাৰীজন যিটো জনগোষ্ঠীৰ অন্তৰ্গত সেই জনগোষ্ঠীৰ এজন সদস্যক হত্যা কৰা ব্যক্তিজনৰ সামাজিক মৰ্যাদাৰ সমতুল্য মৃত্যুদণ্ডৰ বাবে ভুক্তভোগীৰ পৰিয়ালক গতাই দিয়া হৈছিল। "সামাজিক সমতুল্যতাৰ চৰ্ত"ৰ অৰ্থ আছিল হত্যাকাৰীৰ জনগোষ্ঠীৰ কোনো সদস্যক হত্যা কৰাজনৰ সমতুল্য মৃত্যুদণ্ড দিয়া, কাৰণ হত্যা কৰা ব্যক্তিজন পুৰুষ বা মহিলা, দাস বা মুক্ত, অভিজাত বা সাধাৰণ মানুহ। উদাহৰণস্বৰূপে, দাসৰ বাবে মাত্ৰ এজন দাসক হত্যা কৰিব পৰা গ’ল, আৰু এগৰাকী নাৰীৰ বাবে এগৰাকী নাৰীক হত্যা কৰিব পৰা গ’ল। আন কিছুমান ক্ষেত্ৰত হত্যা কৰা ব্যক্তিজনৰ পৰিয়ালক ক্ষতিপূৰণ (দিয়া) দিব পৰা যাব। এই প্ৰাক-ইছলাম বুজাবুজিৰ ওপৰত ইছলামিক যুগত এজন অমুছলমানৰ বাবে এজন মুছলমানক ফাঁচী দিব পাৰি নেকি সেই সম্পৰ্কে বিতৰ্কও সংযোজন কৰা হ’ল। ইছলামত ৰূপায়ণৰ বাবে মূল আয়াত হৈছে আল বাকাৰা, ১৭৮ আয়ত: "মুমিনসকল! হত্যা কৰা লোকসকলৰ সন্দৰ্ভত তোমালোকৰ বাবে প্ৰতিশোধ নিৰ্ধাৰণ কৰা হৈছে। মুক্ত বনাম মুক্ত, বন্দী বনাম বন্দী, নাৰী বনাম নাৰী। যাক বধ কৰা লোকৰ ভাতৃয়ে ক্ষমা কৰে।" মূল্যৰ বিনিময়ত, তেওঁ ৰীতি-নীতি পালন কৰক আৰু মূল্য ভালদৰে দিয়ক।" পৰম্পৰাবাদী (আথাৰী) মুছলমান মত অনুসৰি শ্বৰীয়তৰ প্ৰধান নিয়মসমূহ "ঐতিহাসিক বিকাশ" নোহোৱাকৈ ইছলামিক নবী মুহাম্মাদৰ পৰা পোনপটীয়াকৈ প্ৰদান কৰা হৈছিল। আৰু ইছলামিক ফিকহৰ উত্থানও মুহাম্মাদৰ জীৱনকালৰ পৰাই আৰম্ভ হয়। এই দৃষ্টিত তেওঁৰ সহযোগী আৰু অনুগামীসকলে তেওঁ কৰা আৰু অনুমোদন জনোৱা কামক আৰ্হি (ছুন্নাহ) হিচাপে লৈ এই তথ্য হাদিছৰ ৰূপত পৰৱৰ্তী প্ৰজন্মলৈ প্ৰেৰণ কৰিছিল। এই প্ৰতিবেদনসমূহে প্ৰথমে অনানুষ্ঠানিক আলোচনা আৰু তাৰ পিছত পদ্ধতিগত আইনী চিন্তাৰ সূচনা কৰে, যিটো অষ্টম আৰু নৱম শতিকাত মাষ্টাৰ ইমাম আবু হানিফা, মালিক ইবনে আনাছ, আল-শ্বাফী আৰু আহমদ ইবনে হানবালে সৰ্বাধিক সফলতাৰে প্ৰকাশ কৰে, যিসকলক... ছুন্নী ন্যায়বিজ্ঞানৰ হানাফী, মালিকী, শ্বাফী আৰু হাম্বলি আইনী বিদ্যালয় (মাজহাব)ৰ প্ৰতিষ্ঠাপক। আধুনিক ইতিহাসবিদসকলে ফিকহ গঠনৰ বিকল্প তত্ত্ব দাঙি ধৰিছে। প্ৰথমতে পশ্চিমীয়া পণ্ডিতসকলে পৰম্পৰাবাদী বিৱৰণীৰ সাধাৰণ ৰূপৰেখা গ্ৰহণ কৰিছিল। ১৯ শতিকাৰ শেষৰ ফালে ইগনাক গোল্ডজিহেৰে এক প্ৰভাৱশালী সংশোধনীবাদী অনুমান আগবঢ়ায় আৰু ২০ শতিকাৰ মাজভাগত জোচেফ শ্বাচে বিশদভাৱে প্ৰকাশ কৰে। শ্বাষ্ট আৰু অন্যান্য পণ্ডিতসকলে যুক্তি দিছিল যে ইতিমধ্যে বিদ্যমান আইন আৰু আইনী প্ৰয়োজনীয়তাৰে বহুত বেছি জনবহুল কৃষি আৰু নগৰীয়া সমাজ জয় কৰি আইনী নীতি প্ৰণয়নৰ প্ৰাৰম্ভিক মুছলমান প্ৰচেষ্টাত কোৰআন আৰু মুহাম্মাদৰ হাদিছক কেৱল আইনৰ এটা উৎস হিচাপে গণ্য কৰা হৈছিল, য'ত আইনবিদ ব্যক্তিগত মতামত আছিল, বিজয়ী জনগোষ্ঠীসমূহৰ আইনী প্ৰথা, আৰু খলিফাসকলৰ আদেশ আৰু সিদ্ধান্তসমূহো বৈধ উৎস। এই তত্ত্ব অনুসৰি বেছিভাগ নীতিগত হাদিছৰ উৎপত্তি মুহাম্মাদৰ পৰা হোৱা নাছিল বৰঞ্চ প্ৰকৃততে পিছৰ কালত সৃষ্টি কৰা হৈছিল, হাদিছ পণ্ডিতসকলে ৰচনাক অপতৃণ কৰি পেলোৱাৰ প্ৰচেষ্টা চলোৱাৰ পিছতো। আইনী নীতি-নিয়মসমূহ আনুষ্ঠানিকভাৱে শাস্ত্ৰৰ উৎসৰ ওপৰত ভিত্তি কৰি হ’ব লাগিব বুলি মানি লোৱাৰ পিছত হাদিছৰ দ্বাৰা সমৰ্থিত ফিকহৰ নিয়মৰ সমৰ্থকসকলে হাদিছৰ সংক্ৰমণৰ শৃংখলসমূহ মুহাম্মাদৰ সহযোগীসকললৈ ঘূৰাই আনিব। তেওঁৰ মতে ইছলামিক ন্যায়বিজ্ঞানৰ প্ৰকৃত স্থপতি আছিল আল-শ্বাফী (মৃত্যু ৮২০ খ্ৰীষ্টাব্দ/২০৪ হিজৰী), যিয়ে এই ধাৰণা (যে আইনী নীতিসমূহ আনুষ্ঠানিকভাৱে শাস্ত্ৰীয় উৎসৰ ওপৰত ভিত্তি কৰি হ’ব লাগিব) আৰু প্ৰাচীন আইনী তত্ত্বৰ অন্যান্য উপাদানসমূহ প্ৰণয়ন কৰিছিল তেওঁৰ কাম আল-ৰিছালা, কিন্তু যাৰ আগতে মুহাম্মাদৰ হাদিছৰ প্ৰাধান্যৰ ওপৰত ভিত্তি কৰি নথকা ইছলামিক আইনৰ এটা গোট আছিল। হাদিছৰ উৎপত্তি বিদ্বান বিতৰ্কৰ বিষয় হৈয়েই থাকিলেও এই তত্ত্বই (গোল্ডজিহেৰ আৰু শ্বাখ্টৰ) আপত্তিৰ জন্ম দিছে আৰু আধুনিক ইতিহাসবিদসকলে সাধাৰণতে অধিক সতৰ্ক, মধ্যৱৰ্তী স্থিতি গ্ৰহণ কৰে, আৰু সাধাৰণতে মানি লোৱা হয় যে আদিম ইছলামিক ন্যায়বিজ্ঞানৰ বিকাশ ঘটিছিল ক ইছলামৰ ধৰ্মীয় আৰু নৈতিক নিয়মৰ দ্বাৰা গঠিত প্ৰশাসনিক আৰু জনপ্ৰিয় পদ্ধতিৰ সংমিশ্ৰণ। ই আৰম্ভণিৰ বিজয়ৰ পিছত মুছলমান শাসনৰ অধীনলৈ অহা ভূমিসমূহৰ প্ৰাক-ইছলামী আইন আৰু ৰীতি-নীতিৰ কিছুমান দিশ অব্যাহত ৰাখিছিল আৰু অন্যান্য দিশসমূহৰ সংশোধন কৰিছিল, ইয়াৰ লক্ষ্য আছিল ইছলামিক আচৰণৰ নীতি-নিয়ম প্ৰতিষ্ঠা কৰাৰ ব্যৱহাৰিক প্ৰয়োজনীয়তা পূৰণ কৰা আৰু আৰম্ভণিতে উদ্ভৱ হোৱা বিবাদসমূহৰ বিচাৰ কৰা মুছলমান সম্প্ৰদায়। অধ্যয়ন মহলত ক্ৰমান্বয়ে ন্যায়িক চিন্তাৰ বিকাশ ঘটিছিল, য’ত স্বতন্ত্ৰ পণ্ডিতসকলে স্থানীয় এজন মাষ্টৰৰ পৰা শিকিবলৈ আৰু ধৰ্মীয় বিষয়ত আলোচনা কৰিবলৈ মিলিত হৈছিল। প্ৰথমতে এই বৃত্তসমূহৰ সদস্য সংখ্যা তৰল আছিল, কিন্তু সময়ৰ লগে লগে পদ্ধতিগত নীতিৰ ভাগ-বতৰা গোটৰ চাৰিওফালে সুকীয়া আঞ্চলিক আইনী বিদ্যালয়সমূহে স্ফটিকীয় হৈ পৰিল। বিদ্যালয়সমূহৰ সীমা স্পষ্টভাৱে নিৰ্ধাৰণ হোৱাৰ লগে লগে ইয়াৰ মতবাদী নীতিৰ কৰ্তৃত্ব পূৰ্বৰ সময়ৰ এজন নিপুণ আইনবিদৰ হাতত ন্যস্ত হ’বলৈ ধৰিলে, যিজনক এতিয়াৰ পৰা বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক হিচাপে চিনাক্ত কৰা হ’ল। ইছলামৰ প্ৰথম তিনিটা শতিকাৰ কালছোৱাত সকলো আইনী বিদ্যালয়ে প্ৰাচীন আইনী তত্ত্বৰ বহল ৰূপৰেখা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে, যাৰ মতে ইছলামিক আইন কোৰআন আৰু হাদিছত দৃঢ়ভাৱে শিপাই থাকিব লাগিছিল। পৰম্পৰাগত ন্যায়বিজ্ঞান (ফিকহ) ফিকহক পৰম্পৰাগতভাৱে ফিকহৰ তাত্ত্বিক নীতিসমূহ অধ্যয়ন কৰা উছুল আল-ফিকহ (আৰ্থিক অৰ্থত ফিকহৰ শিপা) আৰু ফুৰুআল-ফিকহ (আক্ষৰতঃ ফিকহৰ শাখাসমূহ)ৰ ক্ষেত্ৰত ভাগ কৰা হয়, যিটো ৰায়দানৰ বিশদ বিৱৰণৰ বাবে নিবেদিত এই নীতিসমূহৰ ভিত্তিত। ন্যায়বিজ্ঞানৰ নীতি (উছুল আল-ফিকহ) প্ৰাচীন আইনবিদসকলে মানৱ যুক্তি আল্লাহৰ পৰা পোৱা উপহাৰ বুলি ধৰি লৈছিল যিটো সম্পূৰ্ণৰূপে সামৰ্থ্যৰে ব্যৱহাৰ কৰা উচিত। কিন্তু তেওঁলোকে বিশ্বাস কৰিছিল যে সঠিক আৰু ভুলৰ মাজত পাৰ্থক্য কৰিবলৈ কেৱল যুক্তিৰ ব্যৱহাৰ অপৰ্যাপ্ত, আৰু যুক্তিবাদী যুক্তিয়ে ইয়াৰ বিষয়বস্তু কোৰআনত অৱতীৰ্ণ হোৱা অতিক্ৰমণীয় জ্ঞানৰ শৰীৰৰ পৰা আৰু মহম্মদৰ ছুন্নাহৰ জৰিয়তে ল’ব লাগিব। ইছলামিক ন্যায়বিজ্ঞানৰ পৰম্পৰাগত তত্ত্বই ভাষাবিজ্ঞান আৰু অলংকাৰিকতাৰ দৃষ্টিকোণৰ পৰা শাস্ত্ৰসমূহৰ ব্যাখ্যা কেনেকৈ কৰিব লাগে সেই বিষয়ে বিশদভাৱে উল্লেখ কৰিছে। ইয়াত হাদিছৰ সত্যতা প্ৰতিষ্ঠা কৰাৰ বাবে আৰু পৰৱৰ্তী সময়ত অৱতীৰ্ণ হোৱা কোনো অংশৰ দ্বাৰা কোনো শাস্ত্ৰৰ আইনী শক্তি কেতিয়া বাতিল কৰা হয় সেইটো নিৰ্ণয় কৰাৰ পদ্ধতিও সন্নিবিষ্ট কৰা হৈছে। কোৰআন আৰু ছুন্নাহৰ উপৰিও ছুন্নী ফিকহৰ প্ৰাচীন তত্ত্বই আইনৰ আন দুটা উৎসক স্বীকৃতি দিয়ে: ন্যায়িক সহমত আৰু উপমামূলক যুক্তি সেয়েহে ই উপমাৰ প্ৰয়োগ আৰু সীমাৰ লগতে সহমতৰ মূল্য আৰু সীমাৰ লগতে অন্যান্য পদ্ধতিগত নীতিও অধ্যয়ন কৰে, যাৰ কিছুমান কেৱল আইনী বিদ্যালয়েহে গ্ৰহণ কৰে। এই ব্যাখ্যাত্মক যন্ত্ৰটোক ইজতিহাদৰ ৰুব্ৰীকৰ অধীনত একত্ৰিত কৰা হৈছে, যিয়ে কোনো বিশেষ প্ৰশ্নৰ ওপৰত ৰায়দানৰ প্ৰয়াসত এজন ন্যায়িকৰ পৰিশ্ৰমক বুজায়। দ্বাদশ ছিয়া ন্যায়বিজ্ঞানৰ তত্ত্ব, ছুন্নী বিদ্যালয়ৰ তত্ত্বৰ সমান্তৰালভাৱে কিছুমান পাৰ্থক্য আছে, যেনে কিয়াৰ ঠাইত যুক্তি )ক আইনৰ উৎস হিচাপে স্বীকৃতি দিয়া আৰু ইমামসকলৰ পৰম্পৰাক অন্তৰ্ভুক্ত কৰিবলৈ ছুন্নাহৰ ধাৰণাটো সম্প্ৰসাৰণ কৰা। শ্বৰীয়তৰ উৎস ইছলামিক পণ্ডিত ছায়িদ ৰছিদ ৰিদাই (১৮৬৫ ১৯৩৫ খ্ৰীষ্টাব্দ) ইছলামিক আইনৰ চাৰিটা মূল উৎসৰ তালিকা প্ৰস্তুত কৰিছে, যিবোৰৰ ওপৰত সকলো ছুন্নী মুছলমানে একমত হৈছে:"ইছলামত আইন প্ৰণয়নৰ [সুপৰিচিত] উৎস চাৰিটা: কোৰআন, ছুন্নাহ, উম্মাহৰ সহমত আৰু দক্ষ ফিকহবিদসকলে গ্ৰহণ কৰা ইস্তিহাদ।" কিছুমান গৱেষকে মত প্ৰকাশ কৰিছে যে পৰম্পৰাগত জ্ঞানৰ বিপৰীতে প্ৰাথমিক উৎসসমূহৰ বিৱৰ্তন ফিকহৰ দৰেই হ’ব পাৰে; গেৰ্ড আৰ পুইন, লৰেন্স কনৰাড, পেট্ৰিচিয়া ক্ৰ’ন আৰু জোচেফ শ্বাক্টে ক্ৰমে ছিৰাহৰ কিতাপ, হাদীছৰ পৰিভাষা আৰু হাদীছৰ বৰ্ণনাৰ শৃংখল পৰীক্ষা কৰি এই সিদ্ধান্তত উপনীত হয়। কোৰআন: ইছলামত কোৰআনক আইনৰ আটাইতকৈ পবিত্ৰ উৎস বুলি গণ্য কৰা হয়। প্ৰাচীন আইনবিদসকলে ইয়াৰ পাঠ্য অখণ্ডতাক সন্দেহৰ বাহিৰত বুলি ধৰি লৈছিল কাৰণ ইয়াক প্ৰতিটো প্ৰজন্মৰ বহু লোকে প্ৰদান কৰি আহিছে, যিটোক "পুনৰাবৃত্তি" বা "সমান্তৰাল সংক্ৰমণ" (তাৱাতুৰ) বুলি জনা যায়। কোৰআনৰ মাত্ৰ কেইবাশ আয়াতহে প্ৰত্যক্ষ আইনী প্ৰাসংগিকতা আছে, আৰু ইয়াক উত্তৰাধিকাৰৰ দৰে কেইটামান নিৰ্দিষ্ট ক্ষেত্ৰত কেন্দ্ৰীভূত কৰা হৈছে, যদিও অন্যান্য অংশসমূহক সাধাৰণ নীতিৰ উৎস হিচাপে ব্যৱহাৰ কৰা হৈছে যাৰ আইনী শাখা-প্ৰশাখাসমূহ অন্য উপায়েৰে বিশদভাৱে উল্লেখ কৰা হৈছিল। হাদিছ: হাদিছত অধিক বিশদ আৰু ব্যৱহাৰিক আইনী নিৰ্দেশনা দিয়া হৈছে যদিও আৰম্ভণিতে স্বীকৃতি দিয়া হৈছিল যে সকলোবোৰেই প্ৰামাণিক নাছিল। আদিম ইছলামিক পণ্ডিতসকলে তেওঁলোকৰ সংক্ৰমণ শৃংখলত তালিকাভুক্ত ব্যক্তিসকলৰ বিশ্বাসযোগ্যতা মূল্যায়ন কৰি তেওঁলোকৰ সত্যতা মূল্যায়নৰ বাবে এক পদ্ধতি উদ্ভাৱন কৰিছিল। এই মাপকাঠীসমূহে ভৱিষ্যদ্বাণীমূলক পৰম্পৰাৰ বিশাল কৰ্পাছটোক সংকুচিত কৰি কেইবা হাজাৰ "শুদ্ধ" হাদিছলৈ লৈ গ'ল, যিবোৰ কেইবাটাও নীতিগত সংকলনত সংগ্ৰহ কৰা হৈছিল। যিবোৰ হাদিছ সমান্তৰালভাৱে সংক্ৰমণ লাভ কৰিছিল, সেইবোৰক নিঃসন্দেহে প্ৰামাণ্য বুলি গণ্য কৰা হৈছিল; কিন্তু হাদিছৰ বিপুল সংখ্যক মাত্ৰ এজন বা কেইজনমান ট্ৰেন্সমিটাৰেহে প্ৰেৰণ কৰিছিল আৰু সেয়েহে ইয়াৰ পৰা কেৱল সম্ভাৱ্য জ্ঞানহে পোৱা গৈছিল। কিছুমান হাদীছ আৰু কোৰআনৰ অংশত সন্নিৱিষ্ট ভাষাৰ অস্পষ্টতাই অনিশ্চয়তা আৰু অধিক বৃদ্ধি কৰিলে। পাঠ্য উৎসসমূহৰ আপেক্ষিক গুণগত মান আৰু ব্যাখ্যাৰ ওপৰত মতানৈক্যই আইনী পণ্ডিতসকলক বিকল্প ৰায়দান প্ৰণয়নত যথেষ্ট স্বচ্ছতাৰ সুবিধা প্ৰদান কৰিছিল। ইজমা: নীতিগতভাৱে সম্ভাৱ্য প্ৰমাণৰ ওপৰত ভিত্তি কৰি দিয়া ৰায়দানক নিৰপেক্ষ নিশ্চয়তালৈ উন্নীত কৰিব পৰা ঐকমত্য। এই প্ৰাচীন মতবাদে ইয়াৰ কৰ্তৃত্ব লাভ কৰিছিল যে ইছলামিক সম্প্ৰদায়ে কেতিয়াও কোনো ভুল হাদিছৰ শৃংখলাৰ ওপৰত একমত হ’ব নোৱাৰে। এই ধৰণৰ সহমতক কাৰিকৰীভাৱে সংজ্ঞায়িত কৰা হৈছিল যিকোনো বিশেষ প্ৰজন্মৰ সকলো দক্ষ আইনবিদৰ চুক্তি, যিয়ে সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে কাম কৰিছিল। কিন্তু এনে চুক্তি লাভ আৰু নিশ্চিত কৰাত ব্যৱহাৰিক অসুবিধাৰ অৰ্থ আছিল যে ইয়াৰ আইনী বিকাশত বিশেষ প্ৰভাৱ পৰা নাছিল। বিশিষ্ট আইনবিদসকলৰ ৰচনাৰ পৰামৰ্শ লৈ নিৰ্ণয় কৰিব পৰাকৈ অধিক প্ৰাগমেটিক ধৰণৰ সহমতৰ ৰূপ এটা ৰায় নিশ্চিত কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল যাতে ইয়াক অধিক আলোচনাৰ বাবে পুনৰ মুকলি কৰিব পৰা নাযায়। যিবোৰ গোচৰৰ বাবে একমতৰ হিচাপ আছিল, সেইবোৰে প্ৰাচীন ন্যায়বিজ্ঞানৰ ১ শতাংশতকৈও কম অংশ গঠন কৰে। কিয়াছ: শাস্ত্ৰভিত্তিক নিয়মৰ সৈতে উপমা কৰি শাস্ত্ৰত সম্বোধন নকৰা পৰিস্থিতিৰ বাবে এটা ৰায় উলিয়াবলৈ উপমামূলক যুক্তি ব্যৱহাৰ কৰা হয়। এটা ক্লাছিক উদাহৰণত, কোৰআনত মদ খোৱাৰ নিষেধাজ্ঞা কৰা হৈছে। সকলো মাদক পদাৰ্থলৈ সম্প্ৰসাৰিত কৰা হৈছে, এই পৰিস্থিতিসমূহে ভাগ কৰা "কাৰণ" )ৰ ভিত্তিত, যিটো এই ক্ষেত্ৰত মদ্যপান বুলি চিনাক্ত কৰা হৈছে। যিহেতু কোনো নিয়মৰ কাৰণ স্পষ্ট নহ’বও পাৰে, সেয়েহে ইয়াৰ নিৰ্বাচনে সাধাৰণতে বিতৰ্ক আৰু ব্যাপক বিতৰ্কৰ সৃষ্টি কৰিছিল। ছুন্নী মুছলমানৰ গৰিষ্ঠসংখ্যকে কিয়াছক ইস্তিহাদৰ কেন্দ্ৰীয় স্তম্ভ হিচাপে লয়। আনহাতে; জাহিৰী, আহমদ ইবনে হাম্বাল, আল-বুখাৰী, আদিম হাম্বলি আদিয়ে ছুন্নীসকলৰ মাজত কিয়াছক নাকচ কৰিছিল। বাৰটা ছিয়া ন্যায়বিজ্ঞানেও কিয়াছৰ ব্যৱহাৰক স্বীকৃতি নিদিয়ে, কিন্তু ইয়াৰ ঠাইত যুক্তি )ৰ ওপৰত নিৰ্ভৰ কৰে। ইস্তিহাদ ইজতিহাদৰ প্ৰাচীন প্ৰক্ৰিয়াই এই সাধাৰণতে স্বীকৃতিপ্ৰাপ্ত নীতিসমূহক অন্যান্য পদ্ধতিৰ সৈতে সংযুক্ত কৰিছিল, যিবোৰ সকলো আইনী বিদ্যালয়ে গ্ৰহণ কৰা নাছিল, যেনে ইস্তিহছান (বিধিগত পছন্দ), ইস্তিছলাহ (জনস্বাৰ্থৰ বিবেচনা) আৰু ইস্তিশাব (ধাৰাবাহিকতাৰ অনুমান)। ইস্তিহাদ কৰাৰ যোগ্যতা থকা ফাক্বীহক মুজতাহিদ বুলি জনা যায়। কোনো ৰায়ত উপনীত হ’বলৈ স্বাধীন যুক্তিৰ ব্যৱহাৰক তাকলিদ (অনুকৰণ)ৰ সৈতে বিপৰীতমুখী কৰা হয়, যিটোৱে মুজতাহিদৰ ৰায় অনুসৰণ কৰাটো বুজায়। দশম শতিকাৰ আৰম্ভণিতে ছুন্নী ন্যায়বিজ্ঞানৰ বিকাশে আগশাৰীৰ ন্যায়িকসকলক এই কথা ক’বলৈ প্ৰেৰণা দিছিল যে মূল আইনী প্ৰশ্নসমূহৰ সমাধান কৰা হৈছে আৰু ইস্তিহাদৰ পৰিসৰ ক্ৰমান্বয়ে সীমিত হৈ পৰিছে। ১৮ শতিকাৰ পৰাই আগশাৰীৰ মুছলমান সংস্কাৰকসকলে তাকলিদ পৰিত্যাগ আৰু ইস্তিহাদৰ ওপৰত পুনৰ গুৰুত্ব দিয়াৰ আহ্বান জনাবলৈ আৰম্ভ কৰে, যিটো তেওঁলোকে প্ৰাথমিক ইছলামিক ন্যায়বিজ্ঞানৰ সজীৱতালৈ ঘূৰি অহা বুলি ভাবে। সিদ্ধান্তৰ প্ৰকাৰ (আখম) ফিকহে আইনী নীতি-নিয়মৰ সৈতে যিমানেই চিন্তিত সিমানেই নৈতিক মানদণ্ডৰ প্ৰতিও চিন্তিত, কেৱল বৈধ আৰু অবৈধ্য, নৈতিকভাৱে কি সঠিক আৰু ভুল সেইটোও প্ৰতিষ্ঠা কৰিব বিচাৰে। শ্বৰীয়ত ৰায়দান "পাঁচটা সিদ্ধান্ত" (আল-আহকাম আল-খামছা) নামেৰে জনাজাত পাঁচটা শ্ৰেণীৰ ভিতৰত এটাত পৰে: বাধ্যতামূলক (ফৰজ বা ৱাজিব), পৰামৰ্শ দিয়া (মণ্ডুব বা মুস্তাহাব), নিৰপেক্ষ (মুবাহ), নিন্দনীয় (মাক্ৰুহ), আৰু নিষিদ্ধ (হাৰাম)। নিষিদ্ধ কাম কৰা বা বাধ্যতামূলক কাম নকৰাটো পাপ বা অপৰাধ। নিন্দনীয় কাম পৰিহাৰ কৰিব লাগে, কিন্তু আদালতত সেইবোৰ পাপ বা শাস্তিযোগ্য বুলি গণ্য কৰা নহয়। নিন্দনীয় কাৰ্য্য পৰিহাৰ কৰা আৰু পৰামৰ্শ দিয়া কাৰ্য্য সম্পাদন কৰাটো পৰলোকত পুৰস্কাৰৰ বিষয় বুলি ধৰা হয়, আনহাতে নিৰপেক্ষ কাৰ্য্যত আল্লাহৰ পৰা কোনো বিচাৰৰ প্ৰয়োজন নহয়। হালাল শব্দটোৱে প্ৰথম তিনিটা বা প্ৰথম চাৰিটা শ্ৰেণী সামৰি লয় সেই সম্পৰ্কে ন্যায়বিদসকলৰ মতানৈক্য আছে। আইনী আৰু নৈতিক ৰায়দান নিৰ্ভৰ কৰে কাৰ্য্যটো প্ৰয়োজনীয়তাৰ বাবে সংঘটিত হৈছে নে নাই (দৰুৰা) আৰু অন্তৰ্নিহিত উদ্দেশ্য (নিয়্যা)ৰ ওপৰত, যিটো আইনী নীতিত প্ৰকাশ পাইছে "কাৰ্য্যসমূহ উদ্দেশ্য অনুসৰি [মূল্যায়ন কৰা হয়]।" বহু উদাহৰণত দেখা পোৱাৰ দৰে শ্ৰেণীবিভাজন আপেক্ষিক। উদাহৰণস্বৰূপে, আউলিয়াৰ অস্তিত্ব আৰু অলৌকিকতাত বিশ্বাস কৰাটো আল-তাহাৱী আৰু নাছাফীৰ দৰে বহু বিশিষ্ট ছুন্নী ধৰ্মমত লেখকে গতানুগতিক ইছলামৰ বাবে "চৰ্ত" হিচাপে উপস্থাপন কৰিছে আৰু পৰম্পৰাগত ছুন্নী আৰু ছিয়া ধৰ্মত গ্ৰহণ কৰা হয়। কিন্তু এই বুজাবুজিক সন্মান প্ৰকাশ আৰু সন্তসকলৰ কবৰ ভ্ৰমণৰ লগতে ছালাফীবাদ, ৱাহাবীবাদ আৰু ইছলামিক আধুনিকতাবাদৰ দৰে পিউৰিটানিক আৰু পুনৰুজ্জীৱনবাদী ইছলামিক আন্দোলনসমূহে অগ্ৰাহ্য পাষণ্ডতা হিচাপে লয়। শ্বৰীয়ত আৰু জনস্বাৰ্থৰ লক্ষ্য শ্বৰীয়তৰ মকাছিদ (লক্ষ্য বা উদ্দেশ্য) আৰু মাছলাহ (কল্যাণ বা জনস্বাৰ্থ) দুটা সম্পৰ্কীয় প্ৰাচীন মতবাদ যিয়ে আধুনিক যুগত ক্ৰমান্বয়ে বিশিষ্ট ভূমিকা পালন কৰিবলৈ আহিছে। প্ৰথমে এইবোৰ স্পষ্টভাৱে উল্লেখ কৰিছিল আল-গাজালি (মৃত্যু ১১১১)য়ে, যুক্তি দিছিল যে মাছলাহ হৈছে আল্লাহৰ বিধান প্ৰকাশৰ সাধাৰণ উদ্দেশ্য আৰু ইয়াৰ নিৰ্দিষ্ট লক্ষ্য আছিল মানুহৰ মংগলৰ পাঁচটা প্ৰয়োজনীয় বস্তু সংৰক্ষণ কৰা: ধৰ্ম, জীৱন, বুদ্ধিমত্তা, সন্তান, আৰু সম্পত্তি। যদিও প্ৰাচীন যুগৰ বেছিভাগ ন্যায়িকে মাছলাহ আৰু মকাছিদক গুৰুত্বপূৰ্ণ আইনী নীতি হিচাপে স্বীকৃতি দিছিল, ইছলামিক আইনত তেওঁলোকে ল’বলগীয়া ভূমিকা সম্পৰ্কে তেওঁলোকৰ মতামত বেলেগ আছিল। কিছুমান আইনবিদে ইয়াক শাস্ত্ৰৰ উৎস আৰু উপমামূলক যুক্তিৰ দ্বাৰা বাধাগ্ৰস্ত সহায়ক যুক্তি হিচাপে লয়। আন কিছুমানে তেওঁলোকক আইনৰ এক স্বতন্ত্ৰ উৎস হিচাপে গণ্য কৰিছিল, যাৰ সাধাৰণ নীতিয়ে শাস্ত্ৰৰ আখৰৰ ওপৰত ভিত্তি কৰি নিৰ্দিষ্ট অনুমানক অতিক্ৰম কৰিব পাৰে। পিছৰ মতামতটো প্ৰাচীন আইনবিদৰ সংখ্যালঘু লোকে গ্ৰহণ কৰিছিল যদিও আধুনিক যুগত ইয়াক বিভিন্ন ৰূপত বিশিষ্ট পণ্ডিতসকলে চেম্পিয়নশ্বিপ কৰিবলৈ ধৰিলে যিসকলে পৰম্পৰাগত ন্যায়বিজ্ঞানৰ বৌদ্ধিক ঐতিহ্যৰ আধাৰত ইছলামিক আইনক পৰিৱৰ্তিত সামাজিক পৰিস্থিতিৰ লগত খাপ খুৱাবলৈ চেষ্টা কৰিছিল। এই পণ্ডিতসকলে মকাছিদৰ তথ্য-পাতি সম্প্ৰসাৰণ কৰি শ্বৰীয়তৰ লক্ষ্য যেনে সংস্কাৰ আৰু নাৰীৰ অধিকাৰ (ৰছিদ ৰিদা); ন্যায় আৰু স্বাধীনতা (মুহাম্মাদ আল-গাজালি); আৰু মানৱ মৰ্যাদা আৰু অধিকাৰ (ইউছুফ আল-কাৰাদাৱী)। আইনৰ শাখা (ফুৰু আল-ফিকহ) ফুৰু আল-ফিকহ (আক্ষৰিক অৰ্থত ফিকহৰ শাখা)ৰ ডমেইন পৰম্পৰাগতভাৱে ইবাদত (আচাৰ-ব্যৱহাৰ বা ইবাদত) আৰু মুআমালাত (সামাজিক সম্পৰ্ক)ত বিভক্ত কৰা হয়। বহুতো আইনবিদে বস্তুনিষ্ঠ ন্যায়বিজ্ঞানৰ শৰীৰটোক আৰু অধিক "চাৰিটা চতুৰ্থাংশ"ত ভাগ কৰিছে, যাক আচাৰ-অনুষ্ঠান, বিক্ৰী, বিবাহ আৰু আঘাত বুলি কোৱা হয়। এই প্ৰতিটো শব্দই ৰূপকভাৱে বিভিন্ন বিষয়ৰ বাবে থিয় দিছিল। উদাহৰণস্বৰূপে, বিক্ৰীৰ ত্ৰৈমাসিকত অন্যান্য বিষয়ৰ লগতে অংশীদাৰিত্ব, নিশ্চয়তা, উপহাৰ, আৰু উইল আদি অন্তৰ্ভুক্ত হ’ব। ন্যায়িক ৰচনাবোৰ এনে সৰু সৰু বিষয়ৰ ক্ৰম হিচাপে সজোৱা হৈছিল, প্ৰত্যেককে "কিতাপ" বুলি কোৱা হৈছিল। ইয়াৰ আলোচনা সদায় কামৰ আৰম্ভণিতে ৰাখি অনুষ্ঠানৰ বিশেষ তাৎপৰ্য্য চিহ্নিত কৰা হৈছিল কিছুমান ইতিহাসবিদে ইছলামিক অপৰাধ আইনৰ এটা ক্ষেত্ৰক পৃথক কৰে, য’ত কেইবাটাও পৰম্পৰাগত শ্ৰেণীৰ সংমিশ্ৰণ ঘটিছে। শাস্ত্ৰত নিৰ্ধাৰিত শাস্তি থকা কেইবাটাও অপৰাধক হুদুদ বুলি জনা যায়। আইনবিদসকলে বিভিন্ন নিষেধাজ্ঞা গঢ়ি তুলিছিল যিবোৰে বহু ক্ষেত্ৰত সেইবোৰ প্ৰয়োগ কৰাটো কাৰ্যতঃ অসম্ভৱ কৰি তুলিছিল। ইচ্ছাকৃতভাৱে শাৰীৰিক আঘাতৰ সৈতে জড়িত অন্যান্য অপৰাধসমূহৰ বিচাৰ লেক্স টালিওনিছৰ সংস্কৰণ অনুসৰি কৰা হয় যিয়ে অপৰাধৰ সৈতে সাদৃশ্যপূৰ্ণ শাস্তি (কিছাছ) নিৰ্ধাৰণ কৰে, কিন্তু ভুক্তভোগী বা তেওঁলোকৰ উত্তৰাধিকাৰীয়ে আৰ্থিক ক্ষতিপূৰণ (দিয়ত) গ্ৰহণ কৰিব পাৰে বা ইয়াৰ পৰিৱৰ্তে অপৰাধীক ক্ষমা কৰিব পাৰে; কেৱল অইচ্ছাকৃত ক্ষতিৰ বাবেহে দিয়া হয়। আন আন অপৰাধমূলক গোচৰসমূহ তাজিৰ শ্ৰেণীৰ অন্তৰ্গত, য'ত শাস্তিৰ লক্ষ্য হৈছে অপৰাধীক সংশোধন বা পুনৰ্বাসন আৰু ইয়াৰ ৰূপ বহুলাংশে ন্যায়াধীশৰ বিবেচনাৰ ওপৰত এৰি দিয়া হয়। কাৰ্যক্ষেত্ৰত ইছলামিক ইতিহাসৰ আৰম্ভণিৰে পৰাই অপৰাধমূলক গোচৰসমূহ সাধাৰণতে শাসক প্ৰশাসিত আদালত বা স্থানীয় আৰক্ষীয়ে এনে পদ্ধতি ব্যৱহাৰ কৰি চম্ভালিছিল যিবোৰ কেৱল শ্বৰীয়তৰ সৈতে শিথিলভাৱে জড়িত আছিল। ফুৰু সাহিত্যৰ দুটা প্ৰধান ধাৰা হ'ল মুখতাছাৰ (আইনৰ সংক্ষিপ্ত সাৰাংশ) আৰু মাবছুত (বিস্তৃত ধাৰাবাহিক)। মুখতাছাৰ আছিল চুটি বিশেষ গ্ৰন্থ বা সাধাৰণ আভাস যিবোৰ শ্ৰেণীকোঠাত ব্যৱহাৰ কৰিব পাৰি বা বিচাৰকৰ পৰামৰ্শ ল’ব পাৰি। প্ৰায়ে গোচৰৰ প্ৰসাৰ আৰু ধাৰণাগত পাৰ্থক্যৰ সৈতে সাধাৰণতে মুখতাছাৰৰ ওপৰত ধাৰাবাহিকতা প্ৰদান কৰা আৰু কেইবা ডজন বৃহৎ খণ্ডলৈকে বিস্তৃত হ'ব পৰা মাবছুত এটাই বিকল্প ৰায়দানৰ ন্যায্যতাৰ সৈতে লিপিবদ্ধ কৰিছিল। ন্যায়িক সাহিত্যৰ পৰিভাষা ৰক্ষণশীল আছিল আৰু ব্যৱহাৰিক প্ৰাসংগিকতা হেৰুৱাই পেলোৱা ধাৰণাবোৰ সংৰক্ষণ কৰাৰ প্ৰৱণতা আছিল। একে সময়তে সংক্ষিপ্তকৰণ আৰু ধাৰাভাষ্যৰ চক্ৰই প্ৰতিটো প্ৰজন্মৰ আইনবিদসকলক পৰিৱৰ্তিত সামাজিক পৰিস্থিতি পূৰণ কৰিবলৈ পৰিৱৰ্তিত আইনৰ এটা গোট আৰ্টিকুলেট কৰিবলৈ অনুমতি দিছিল। আন আন ন্যায়িক ধাৰাসমূহৰ ভিতৰত আছে কাৱাইদ (ছাত্ৰক সাধাৰণ নীতিসমূহ মনত ৰখাত সহায়ক হোৱাকৈ সংক্ষিপ্ত সূত্ৰ) আৰু কোনো বিশেষ পণ্ডিতৰ ফতোৱা সংগ্ৰহ। প্ৰাচীন ন্যায়বিজ্ঞানক "ইছলামৰ অন্যতম প্ৰধান বৌদ্ধিক কৃতিত্ব" বুলি অভিহিত কৰা হৈছে আৰু ইছলামত ইয়াৰ গুৰুত্বক খ্ৰীষ্টান ধৰ্মত ধৰ্মতত্ত্বৰ সৈতে তুলনা কৰা হৈছে। আইন বিদ্যালয় প্ৰধান ছুন্নী আইন (মাজহাব) হ’ল হানাফি, মালিকি, শ্বাফী আৰু হাম্বলি মাজহাব। নৱম আৰু দশম শতিকাত এইবোৰৰ উত্থান ঘটিছিল আৰু দ্বাদশ শতিকাৰ ভিতৰত প্ৰায় সকলো ন্যায়িকে এক বিশেষ মাজহাবৰ লগত মিলি গৈছিল। এই চাৰিখন মাজহাবে ইজনে সিজনৰ বৈধতাক স্বীকাৰ কৰে আৰু ইহঁতে শতিকাজুৰি আইনী বিতৰ্কত পাৰস্পৰিক ক্ৰিয়া-কলাপ কৰি আহিছে। তথ্যসমূহ নোট উদ্ধৃতি উৎস (2008). অধিক পঢ়ক (1964). (2011), 25 2021 (1964). বাহ্যিক সংযোগ ইছলাম ধৰ্ম ইছলামী সংস্কৃতি ইছলামিক
99096
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%A3%E0%A6%BF%20%E0%A6%AD%E0%A7%B1%E0%A6%A8
মণি ভৱন
মণি ভৱন() হৈছে ভাৰতৰ মুম্বাইত অৱস্থিত এক ঐতিহাসিক অট্টালিকা, য’ত মহাত্মা গান্ধীয়ে দীৰ্ঘদিন ধৰি বাস কৰিছিল আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিছিল। এইটো আছিল ১৯১৭ চনৰ পৰা ১৯৩৪ চনলৈকে গান্ধীজীৰ বাসগৃহ। এই ভৱনটো মুম্বাইৰ গামদেৱী অঞ্চলৰ ১৯ লাবাৰ্নাম ৰোডত অৱস্থিত। এই ভৱনটো গান্ধীজীৰ বন্ধু ৰেভাশংকৰ জগজীৱন ঝাভেৰীৰ আছিল। ১৯৫৫ চনত গান্ধীৰ স্মৃতিসৌধ হিচাপে ৰক্ষণাবেক্ষণৰ উদ্দেশ্যে এই ভৱনটো গান্ধী স্মাৰক নিধিয়ে দখল কৰে। মণি ভৱনৰ তলৰ মহলাত এটা পুথিভঁৰাল আছে য’ত মহাত্মা গান্ধী আৰু তেওঁৰ চিন্তা সম্পৰ্কীয় প্ৰায় ৫০ হাজাৰ গ্ৰন্থ আছে। লগতে এই ভৱনত গান্ধী সম্পৰ্কীয় প্ৰাথমিক উৎসবোৰ, তেওঁৰ থকা কোঠা, চিনেমা, ফটো আদি সংগ্ৰহিত হৈ আছে। এই ভৱনটোক বৰ্তমান ‘মণি ভৱন গান্ধী সংগ্ৰহালয়’ বুলি কোৱা হয়। ভৱনৰ প্ৰথম মহলালৈ চিৰি বগাই যোৱাৰ সময়ত দেৱালত ওলমি থকা মহাত্মা গান্ধীৰ বহু ছবি দেখিবলৈ পোৱা যায়। প্ৰথম মহলাত এটা সৰু প্ৰেক্ষাগৃহও আছে। মণি ভৱন আৰু গান্ধীৰ আন্দোলন মণি ভৱন আছিল গান্ধীৰ কাৰ্যকলাপ আৰু আন্দোলনৰ বাবে বোম্বাই (বৰ্তমান মুম্বাই) মহানগৰীৰ স্নায়ু কেন্দ্ৰ। মণি ভৱনৰ পৰা গান্ধীজীয়ে ৰাউলেটৰ প্ৰথমটো দেশজোৰা সত্যাগ্ৰহ আৰম্ভ কৰে। আৰম্ভ কৰে, খিলাফত আৰু অসহযোগ আন্দোলন। ইয়াৰপৰাই গান্ধীজীয়ে সহকৰ্মীসকলৰ সৈতে আলোচনা কৰিছিল আৰু অনুগামীসকলক অহিংসা আৰু সত্যাগ্ৰহৰ কৌশলৰ বিষয়ে অৱগত কৰিছিল। এই ঠাইৰ পৰা তেওঁ গঢ় দিছিল, ভাৰতীয় স্বাধীনতা সংগ্ৰাম। এই সময়ছোৱাত এই সদনত বহু সভা অনুষ্ঠিত হৈছিল য’ত দেশৰ ডাঙৰ ডাঙৰ নেতাসকলে অংশগ্ৰহণ কৰিছিল। গ্ৰীষ্মকালত এই ভৱনৰ ছাদত সভা অনুষ্ঠিত হৈছিল। ১৯১৭ৰ পৰা ১৯৩৪ চনৰ সময়ছোৱা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল যেতিয়া অসহযোগ আন্দোলন, দাণ্ডী পদযাত্ৰা, অসহযোগ আন্দোলন আদি সাধাৰণ জনতাৰ সৈতে জড়িত আন্দোলনসমূহ সংঘটিত হৈছিল। মণি ভৱনৰ পৰাই গান্ধীজীয়ে আৰম্ভ কৰা ৰাউলেট আইনখনৰ প্ৰথমটো দেশব্যাপী সত্যাগ্ৰহ খিলাফত আৰু অপাৰেচন আন্দোলন হৈছিল। আজি এই অট্টালিকা এক স্মৃতিসৌধ হিচাপে থিয় দিছে, ত আছে গান্ধীৰ জীৱন আৰু শিক্ষা সম্পৰ্কীয় বহুতো সংৰক্ষিত সামগ্ৰী। ১৯১৮ চনত খেদা সত্যগ্ৰহ চলি থাকোঁতে, গান্ধীজী গ্ৰহণী ৰোগত আক্ৰান্ত আছিল, আৰু তেওঁৰ স্বাস্থ্যৰো অৱনতি ঘটিছিল। তেওঁক মুম্বাইৰ চিকিৎসকৰ পৰামৰ্শ ল’বলৈ কোৱা হৈছিল। মুম্বাইত ডাঃ দলালে গান্ধীক পৰামৰ্শ দিছিল যে তেওঁ পুনৰ শক্তি লাভ কৰিবলৈ তেওঁৰ বাবে গাখীৰ খোৱাটো প্ৰয়োজন। কিন্তু ডাক্তৰৰ পৰামৰ্শৰ লগত গান্ধী একমত নহ’ল। তেওঁ ডাঃ দলালক কৈছিল যে দুগ্ধ ব্যৱসায়ত গৰু বা ম’হৰ গাখীৰ খিৰোৱা এক নিষ্ঠুৰ প্ৰথা। সেয়ে তেওঁ গৰু বা ম’হৰ গাখীৰ নোখোৱাৰ প্ৰতিজ্ঞা কৰিছিল। গান্ধীৰ পত্নী কস্তুৰবা গান্ধী তেতিয়া বিছনাৰ কাষত ডাক্তৰ আৰু গান্ধীৰ কথা-বতৰা শুনি থিয় হৈ আছিল। কস্তুৰবা গান্ধীয়ে তেতিয়া মধ্যস্থতা কৰি ক’লে “কিন্তু নিশ্চয় ছাগলীৰ গাখীৰৰ প্ৰতি আপোনাৰ আপত্তি থাকিব নোৱাৰে তেতিয়াহলে?" ডাক্তৰে লগে লগে ছাগলীৰ গাখীৰ খোৱাটো পৰ্যাপ্ত বুলি মান্তি হ'ল। তেতিয়াৰ পৰাই গান্ধীয়ে ছাগলীৰ গাখীৰ খাবলৈ আৰম্ভ কৰিলে। তেনে সময়তে ৰেৱাশংকৰভাইয়ে গান্ধীজীক সুস্থ হ’বলৈ তেওঁৰ লগত মণি ভৱনত থাকি বিশ্ৰাম বলৈ নিমন্ত্ৰণ জনাইছিল, আৰু গান্ধী তেতিয়াৰ পৰাই মণি ভৱনত থাকিবলৈ লৈছিল। মণি ভৱনৰ গান্ধীৰ কোঠা ১৯১৭ চনত মহাত্মা গান্ধীয়ে দৈনিক মণি ভৱনৰ ওচৰলৈ অহা এজন ব্যক্তিৰ পৰা কপাহী জিনৰ প্ৰথম পাঠ শিকিছিল। ইয়াৰ উপৰিও তেওঁ ইয়াত যঁতৰ চলাবলৈ শিকিছিল। ইয়াৰ পৰাই তেওঁ ইংৰাজী ‘ইয়ং ইণ্ডিয়া’ আৰু গুজৰাটী ‘নৱজীৱন’ সাপ্তাহিক কাকত চলোৱাৰ দায়িত্ব লয়। ইয়াত থকাৰ সময়ছোৱাত তেওঁ কেইবাবাৰো ৰোজা পালন কৰিছিল আৰু সংগীসকলৰ সৈতে আলোচনা কৰিছিল। গান্ধী থকাৰ সময়ত ব্যৱহাৰ কৰা কোঠাটো দ্বিতীয় মহলাত, য’ত কাঁচৰ বিভাজনৰ মাজেৰে মানুহে তেওঁৰ যঁতৰ, এখন কিতাপ আৰু মজিয়াত তেওঁৰ বিছনাখন দেখা পায়। সেই কোঠাটোৰ ঠিক বিপৰীতে এটা হল আছে য’ত তেওঁৰ জীৱনকালৰ ফটো আৰু চিত্ৰ প্ৰদৰ্শন কৰা হৈছে। মণি ভৱনৰ ছাদত বাপুক গ্ৰেপ্তাৰ কৰা হয় ১৯৩২ চনৰ ৪ জানুৱাৰীৰ পুৱা মণি ভৱনৰ ছাদত থকা তম্বুৰ পৰা গান্ধীজীক গ্ৰেপ্তাৰ কৰা হয়। ১৯৩৪ চনৰ ২৭ আৰু ২৮ জুনত ইয়াত কংগ্ৰেছ কৰ্মী সমিতিৰ আন এখন বৈঠক অনুষ্ঠিত হয়। এয়া আছিল মহাত্মা গান্ধীৰ মণি ভৱনত থকা শেষ সময়। গ্ৰেপ্তাৰ হোৱাৰ ঠিক আগদিনা গান্ধীজীয়ে মণি ভৱনৰ পৰা নিজৰ যন্ত্ৰণা প্ৰকাশ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰলৈ চিঠি লিখিছিল- মণি ভৱনত বাৰাক অ’বামাৰ ভ্ৰমণ ২০১০ চনৰ নৱেম্বৰ মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক অ’বামাই মণি ভৱন ভ্ৰমণ কৰে। বিগত ৫০ বছৰৰ ভিতৰত মণি ভৱন গান্ধী সংগ্ৰহালয় ভ্ৰমণ কৰা অ’বামা প্ৰথমজন হাই-প্ৰফাইল আন্তঃৰাষ্ট্ৰীয় দৰ্শনাৰ্থী হিচাপে পৰিগণিত হয়।ৰাষ্ট্ৰপতি বাৰাক অ’বামাই গান্ধীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি কৈছিল যে; গান্ধী “কেৱল ভাৰতৰ বাবেই নহয়, বিশ্বৰ বাবেও এজন নায়ক”। তেওঁৰ আগতে কেৱল মাৰ্টিন লুথাৰ কিং জুনিয়ৰে ১৯৫০ চনত মণি ভৱন ভ্ৰমণ কৰিছিল। তথ্য সংগ্ৰহ মহাত্মা গান্ধী
84948
https://as.wikipedia.org/wiki/%E0%A6%9B%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%AC%E0%A7%8D%E0%A6%B2%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BF%E0%A6%82
ছেণ্ডব্লাষ্টিং
ছেণ্ডব্লাষ্টিং ()বা এব্ৰেচিভ ব্লাষ্টিং হৈছে ঘৰ্ষণকাৰী পদাৰ্থৰ ধাৰা এটাক উচ্চ চাপত পৃষ্ঠৰ ওপৰত বলপূৰ্বকভাৱে ঠেলি দি ৰুক্ষ পৃষ্ঠ মসৃণ কৰা, মসৃণ পৃষ্ঠ ৰুক্ষ কৰা, পৃষ্ঠৰ আকৃতি দিয়া বা পৃষ্ঠৰ দূষক আঁতৰোৱা কাৰ্য্য। ব্লাষ্টিং পদাৰ্থটোক আগুৱাই নিবলৈ চাপযুক্ত তৰল পদাৰ্থ, সাধাৰণতে সংকোচিত বায়ু বা কেন্দ্ৰপৃথক চকা ব্যৱহাৰ কৰা হয়। ১৮৭০ চনৰ ১৮ অক্টোবৰত বেঞ্জামিন চ্যু টিলঘমেনে প্ৰথম ঘৰ্ষণকাৰী বিস্ফোৰণ প্ৰক্ৰিয়াৰ পেটেণ্ট লাভ কৰে। প্ৰক্ৰিয়াটোৰ কেইবাটাও ভিন্নতা আছে। বিভিন্ন মাধ্যম ব্যৱহাৰ কৰি; কিছুমান অতি ঘৰ্ষণকাৰী, আনহাতে আন কিছুমান মৃদু। আটাইতকৈ ঘৰ্ষণকাৰী হ’ল শ্বট ব্লাষ্টিং (ধাতুৰ গুলীৰে) আৰু ছেণ্ডব্লাষ্টিং (বালিৰে)। মধ্যমীয়া ঘৰ্ষণকাৰী ভিন্নতাসমূহৰ ভিতৰত গ্লাছ বিড ব্লাষ্টিং (গ্লাছ বিডৰ সৈতে) আৰু গ্ৰাউণ্ড-আপ প্লাষ্টিক ষ্টক বা আখৰোটৰ খোলা আৰু কৰ্ণকবৰ সৈতে প্লাষ্টিক মিডিয়া ব্লাষ্টিং (পিএমবি) অন্তৰ্ভুক্ত। এই পদাৰ্থবোৰৰ কিছুমানে মাধ্যমৰ প্ৰতি এলাৰ্জী থকা ব্যক্তিক এনাফিলেক্টিক শ্বক সৃষ্টি কৰিব পাৰে। এটা মৃদু সংস্কৰণ হ’ল ছ’ডাব্লাষ্টিং (বেকিং চ’ডাৰ সৈতে)। ইয়াৰ উপৰিও এনে বিকল্প আছে যিবোৰ কষ্টেৰে ঘৰ্ষণকাৰী বা ঘৰ্ষণহীন, যেনে: বৰফ বিস্ফোৰণ আৰু শুকান-বৰফ বিস্ফোৰণ। প্ৰকাৰ ছেণ্ডব্লাষ্টিং ছেণ্ডব্লাষ্টিংক এব্ৰেচিভ ব্লাষ্টিং বুলিও কোৱা হয়, যিটো কঠিন পৃষ্ঠত কঠিন কণাবোৰক তীব্ৰ বেগত সেই পৃষ্ঠৰ ওপৰেৰে জোৰ কৰি মসৃণ, আকৃতি দিয়া আৰু পৰিষ্কাৰ কৰা প্ৰক্ৰিয়াৰ বাবে ব্যৱহাৰ কৰা এটা সাধাৰণ শব্দ। ইয়াৰ প্ৰভাৱ বালিৰ কাগজ ব্যৱহাৰ কৰাৰ দৰেই, কিন্তু চুক বা ক্ৰেনিত কোনো সমস্যা নোহোৱাকৈ অধিক সমসমাপ্তি প্ৰদান কৰে। ছেণ্ডব্লাষ্টিং প্ৰাকৃতিকভাৱে হ’ব পাৰে, সাধাৰণতে বতাহে উৰুৱাই দিয়া কণিকাৰ ফলত ইঅ’লিয়ান খহনীয়া হয়, বা কৃত্ৰিমভাৱে সংকোচিত বায়ু ব্যৱহাৰ কৰি। ১৮৭০ চনৰ ১৮ অক্টোবৰত বেঞ্জামিন চ্যু টিলঘমেনে এটা কৃত্ৰিম বালি বিস্ফোৰণ প্ৰক্ৰিয়াৰ পেটেণ্ট লাভ কৰে।টমাছ ৱেছলি পেংবৰ্ণে এই ধাৰণাটো নিখুঁত কৰি ১৯০৪ চনত সংকোচিত বায়ু যোগ কৰে। ছেণ্ডব্লাষ্টিং সঁজুলি সাধাৰণতে এটা কক্ষৰে গঠিত য'ত বালি আৰু বায়ু মিহলি হয়। এই মিশ্ৰণটোৱে হাতেৰে ধৰা ন'জলৰ মাজেৰে গৈ কণাবোৰক পৃষ্ঠ বা কামৰ টুকুৰাৰ ফালে নিৰ্দেশিত কৰে। ন'জলৰ আকৃতি, আকাৰ আৰু সামগ্ৰী বিভিন্ন ধৰণৰ হয়। ব’ৰন কাৰ্বাইড নজলৰ বাবে জনপ্ৰিয় পদাৰ্থ; কাৰণ ই ঘৰ্ষণকাৰী পৰিধান ভালদৰে প্ৰতিৰোধ কৰে। ভিজা ঘৰ্ষণকাৰী ব্লাষ্টিং ভিজা এব্ৰেচিভ ব্লাষ্টিঙত এব্ৰেচিভবোৰক লৰচৰ কৰা তৰল পদাৰ্থ হিচাপে পানী ব্যৱহাৰ কৰা হয়। সুবিধাটো হ’ল পানীয়ে উৎপন্ন হোৱা ধূলিক আৱদ্ধ কৰি ৰাখে, আৰু পৃষ্ঠভাগত তেল দিয়ে। পানীয়ে পৃষ্ঠত হোৱা প্ৰভাৱক কুশ্বন কৰি দিয়ে, যাৰ ফলত শব্দ পদাৰ্থ আঁতৰোৱা কম হয়। বাষ্প ব্লাষ্টিং বাষ্প ব্লাষ্টিঙৰ এটা ৰূপ হ'ল বাষ্প বিস্ফোৰণ (বা বাষ্প বিস্ফোৰণ; এই প্ৰক্ৰিয়াত নজলৰ পানীত চাপযুক্ত বায়ু যোগ কৰি তীব্ৰবেগী কুঁৱলী উৎপন্ন কৰা হয়, যাক "বাষ্প" বোলা হয়। এই প্ৰক্ৰিয়াটো ভিজা বিস্ফোৰণতকৈও মৃদু, যাৰ ফলত সংগমৰ পৃষ্ঠভাগ পৰিষ্কাৰ কৰিব পাৰি আৰু লগতে সংগমৰ ক্ষমতাও বজাই ৰাখিব পাৰি। বিড ব্লাষ্টিং বিড ব্লাষ্টিং হৈছে পৃষ্ঠৰ ক্ষতি নকৰাকৈ উচ্চ চাপত মিহি কাঁচৰ গুটি প্ৰয়োগ কৰি পৃষ্ঠৰ জমা আঁতৰোৱা প্ৰক্ৰিয়া। ইয়াক পুলৰ টাইল বা আন যিকোনো পৃষ্ঠৰ পৰা কেলচিয়ামৰ জমা হোৱা পৰিষ্কাৰ কৰিবলৈ, সোমাই থকা ভেঁকুৰ আঁতৰাবলৈ আৰু গ্ৰাউটৰ ৰং উজ্জ্বল কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াক অটো বডি ৱৰ্কতো ৰং আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়। অটো বডিৰ কামৰ বাবে ৰং আঁতৰোৱাৰ ক্ষেত্ৰত বালি ব্লাষ্টিঙতকৈ বিড ব্লাষ্টিং পছন্দ কৰা হয়, কাৰণ বালি ব্লাষ্টিঙে বিড ব্লাষ্টিঙতকৈ অধিক পৃষ্ঠৰ প্ৰফাইল সৃষ্টি কৰাৰ প্ৰৱণতা থাকে। মেচিনেৰে নিৰ্মিত অংশত একেধৰণৰ পৃষ্ঠৰ ফিনিচিং সৃষ্টি কৰাত বিড ব্লাষ্টিং প্ৰায়ে ব্যৱহাৰ কৰা হয়। হুইল ব্লাষ্টিং চকা বিস্ফোৰণত ঘূৰ্ণনশীল চকা এটাই ঘৰ্ষণকাৰীক কোনো বস্তুৰ ওপৰত ঠেলি দিয়ে। ইয়াক সাধাৰণতে বায়ুবিহীন ব্লাষ্টিং অপাৰেচন হিচাপে শ্ৰেণীভুক্ত কৰা হয় কাৰণ ইয়াত কোনো প্ৰপেলেণ্ট (গেছ বা তৰল) ব্যৱহাৰ কৰা নহয়। চকা মেচিন হৈছে পুনঃব্যৱহাৰযোগ্য এব্ৰেচিভ (সাধাৰণতে ষ্টীল বা ষ্টেইনলেছ-ষ্টীলৰ শ্বট, কাটি লোৱা তাঁৰ, গ্ৰিট বা একে আকাৰৰ পেলেট)ৰ সৈতে উচ্চ শক্তিৰ, উচ্চ-দক্ষতাসম্পন্ন ব্লাষ্টিং কাৰ্য্য। বিশেষ চকা ব্লাষ্ট মেচিনে ক্ৰাইজেনিক চেম্বাৰত প্লাষ্টিক এব্ৰেচিভক আগুৱাই লৈ যায় আৰু সাধাৰণতে প্লাষ্টিক আৰু ৰবৰৰ উপাদানসমূহ ডিফ্লেছ কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। সঁজুলি বহনযোগ্য ব্লাষ্টিং সঁজুলি মোবাইল ড্ৰাই এব্ৰেচিভ ব্লাষ্ট চিষ্টেম সাধাৰণতে ডিজেল এয়াৰ কম্প্ৰেছাৰৰ দ্বাৰা চালিত হয়। এয়াৰ কম্প্ৰেছাৰে এটা বা একাধিক "ব্লাষ্ট পট"লৈ বৃহৎ পৰিমাণৰ উচ্চ চাপৰ বায়ু প্ৰদান কৰে। ব্লাষ্ট পটবোৰ চাপযুক্ত, টেংকৰ দৰে পাত্ৰ, ঘৰ্ষণকাৰী পদাৰ্থৰে ভৰোৱা, মূল ব্লাষ্টিং লাইনত নিয়ন্ত্ৰণযোগ্য পৰিমাণৰ ব্লাষ্টিং গ্ৰিট সোমাবলৈ ব্যৱহাৰ কৰা। ব্লাষ্ট পটৰ সংখ্যা কম্প্ৰেছাৰে দিব পৰা বায়ুৰ আয়তনৰ ওপৰত নিৰ্ভৰ কৰে। ব্লাষ্ট কেবিনেট ব্লাষ্ট কেবিনেট মূলতঃ এটা বন্ধ লুপ ব্যৱস্থা যিয়ে অপাৰেটৰক অংশটো ব্লাষ্ট কৰি এব্ৰেচিভ পুনৰ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে।[11] ই সাধাৰণতে চাৰিটা উপাদানৰে গঠিত; কণ্টেইনমেণ্ট (কেবিনেট), এব্ৰেচিভ ব্লাষ্টিং চিষ্টেম, এব্ৰেচিভ ৰিচাইক্লিং চিষ্টেম আৰু ধূলি সংগ্ৰহ। অপাৰেটৰে কেবিনেটৰ গ্লভছৰ ফুটাত সংলগ্ন গ্লভছত হাত থৈ, ভিউ উইণ্ড’ৰে অংশটো চাই, ফুট পেডেল বা ট্ৰেডল ব্যৱহাৰ কৰি ব্লাষ্টটো অন আৰু অফ কৰি কেবিনেটৰ বাহিৰৰ পৰা অংশবোৰ ব্লাষ্ট কৰে। ব্লাষ্ট ৰুম ব্লাষ্ট ৰুম হৈছে ব্লাষ্ট কেবিনেটৰ বহুত ডাঙৰ সংস্কৰণ। ব্লাষ্ট অপাৰেটৰসকলে কোঠাটোৰ ভিতৰত কাম কৰি সম্পূৰ্ণ সামগ্ৰীৰ প্ৰয়োজন অনুসৰি কোনো বস্তুৰ পৃষ্ঠভাগ ৰুক্ষ, মসৃণ বা পৰিষ্কাৰ কৰে। ব্লাষ্ট ৰুম আৰু ব্লাষ্টৰ সুবিধা বহু আকাৰৰ, ইয়াৰে কিছুমান যথেষ্ট ডাঙৰ যাতে ৰেল গাড়ী, বাণিজ্যিক আৰু সামৰিক বাহন, নিৰ্মাণ সঁজুলি, বিমান আদি অতি ডাঙৰ বা অনন্য আকৃতিৰ বস্তু ৰাখিব পাৰি।
54384
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%20%E0%A6%B6%E0%A7%87%E0%A6%96%E0%A7%B0
চন্দ্ৰ শেখৰ
চন্দ্ৰ শেখৰ সিং (১৭ এপ্ৰিল ১৯২৭ ৮ জুলাই ২০০৭) এজন ভাৰতীয় ৰাজনীতবিদ আৰু দেশৰ অষ্টম প্ৰধান মন্ত্ৰী আছিল। কোনোধৰণৰ চৰকাৰী বিভাগ নচলোৱাকৈ দেশৰ প্ৰধান মন্ত্ৰী হোৱা তেওঁ ভাৰতৰ একমাত্ৰ ৰাজনীতিবিদ। তেওঁৰ দ্বাৰা শাসিত চৰকাৰখনক "পুতলা" অথবা "দুৰ্ভগীয়া" বুলি অভিহিত কৰা হৈছিল। লোকসভাৰ খুব কমসংখ্যক সাংসদৰ সমৰ্থন লৈ তেওঁ চৰকাৰখন গঠন কৰিছিল। মুডী বিনিয়োগ সেৱা চমুকৈ মুডিছে যেতিয়া ভাৰতৰ অৰ্থনৈতিক অৱস্থা নিম্নগামী হোৱাৰ কথা উল্লেখ কৰিছিল, তেতিয়া সেই গুৰুত্বপূৰ্ণ সময়ত চন্দ্ৰ শেখৰৰ চৰকাৰখনে বাজেট ঘোষণা কৰিব পৰা নাছিল। বাজেট ঘোষণা নকৰাৰ ফলত দেশৰ অৱস্থা অধিক বেয়ালৈ ঢাল খাইছিল আৰু গোলকীয় ক্ৰেডিট-ৰেটিং সংস্থাবোৰে বিনিয়োগৰ ক্ষেত্ৰখন জটিল কৰি তুলিছিল। ফলস্বৰূপে ভাৰতে সৰু-সুৰা ল'ন লোৱাৰ ক্ষেত্ৰতো বাধাৰ সমুখীন হৈছিল। আৰ্থিক অনুদানৰ প্ৰক্ৰিয়াটোত অধিক বিজুতি নঘটিবলৈ চন্দ্ৰ শেখৰে সোণৰ বন্ধকীকৰণ ব্যৱস্থাৰ অনুমোদন জনাইছিল আৰু সেই কাৰ্যৰ বাবে তেওঁ ভীষণ সমালোচনাৰ সমুখীন হৈছিল। কাৰণ সেই সিদ্ধান্তটো তেওঁৰ চৰকাৰখনে নিৰ্বাচনৰ সময়ত গোপনে গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে, ১৯৯১ চনৰ ভাৰতীয় অৰ্থনৈতিক সংকট আৰু ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ ঘটনাই তেওঁৰ চৰকাৰখনৰ অৱস্থা দুৰ্বিষহ কৰি তুলিছিল। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা উত্তৰ প্ৰদেশৰ বাল্লিয়া জিলাৰ এখন গাঁৱত, ইব্ৰাহীমপট্টী নামৰ এখন ঠাইৰ এটা ৰাজপুট পৰিয়ালত, ১৯২৭ চনৰ ১ জুলাই তাৰিখে চন্দ্ৰ শেখৰে জন্ম লাভ কৰিছিল। তেওঁ পৰিয়ালটোৱে খেতি-বাতি কৰি জীৱন-নিৰ্বাহ কৰিছিল। তেওঁলোকৰ আৰ্থিক অৱস্থা সুচল নাছিল। বাল্লিয়াত থকা ছতীশ চন্দ্ৰ কলেজৰ পৰা তেওঁ কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১৯৫০ চনত তেওঁ এলাহাবাৰ বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ছাত্ৰ ৰাজনীতিত তেওঁ "ফায়াৰব্ৰেণ্ড" হিচাপে জনাজাত হৈছিল আৰু স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত তেওঁ সমাজবাদী আন্দোলনত যোগদান কৰিছিল। দুৰ্গা দেৱী নামৰ যুৱতীৰ লগত চন্দ্ৰ শেখৰ বিবাহপাশত আৱদ্ধ হৈছিল। ৰাজনৈতিক জীৱন বাল্লিয়া জিলাৰ প্ৰজা ছছিয়েলিষ্ট পাৰ্টীৰ সম্পাদক নিৰ্বাচিত হোৱাৰ এবছৰৰ পিছতে তেওঁ দলৰ ৰাজ্যিক গোটৰ যুটীয়া সম্পাদকৰ পদত অধিষ্ঠিত হয়। ১৯৫৫-৫৬ চনত চন্দ্ৰ শেখৰ সেইটো দলৰেই ৰাজ্যিক ক্ষেত্ৰৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয়। ১৯৬২ চনত তেওঁ ৰাজ্য সভালৈ নিৰ্বাচিত হয় আৰু এনেকৈয়ে তেওঁৰ সংসদীয় জীৱন আৰম্ভ হয়। ১৯৬৫ চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। ১৯৬৭ চনত তেওঁ কংগ্ৰেছৰ সংসদীয় কমিটিৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয়। নিজৰ সাহস, আস্থাভাজনতা, আৰু সততাৰ বাবে চন্দ্ৰ শেখৰ "তৰুণ টাৰ্ক" বুলি জনাজাত হৈছিল। তেওঁ "ইয়ং ইণ্ডিয়ান" নামৰ এখন সাপ্তাহিক কাকত প্ৰতিষ্ঠা আৰু সম্পাদনা কৰিছিল। কাকতখন ১৯৬৯ চনত দিল্লীৰ পৰা প্ৰকাশিত হৈছিল। ব্যক্তিবিশেষৰ ৰাজনীতি চন্দ্ৰশেখৰ সদায়েই বিৰোধিতা কৰিছিল। তাৰ পৰিৱৰ্তে তেওঁ নীতি-আদৰ্শ আৰু সামাজিক পৰিৱৰ্তনৰ পোষকতা কৰিছিল। ১৯৭৫ চনৰ ২৫ জুনত জৰুৰীকালিন অৱস্থা ঘোষণা কৰাৰ সময়ত চন্দ্ৰ শেখৰক গ্ৰেপ্তাৰ কৰা হৈছিল, যদিও তেওঁ সেইসময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা নিয়োজিত ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু কৰ্ম আয়োগৰ এজন সদস্য আছিল। জৰুৰীকালীন অৱস্থাৰ সময়ত কাৰাৰুদ্ধ হোৱা শাসকীয় দলৰ কমসংখ্যক নেতাৰ ভিতৰত চন্দ্ৰ শেখৰৰ নাম বিশেষভাৱে উল্লেখ কৰিব পাৰি। জৰুৰীকালীন অৱস্থা শেষ হোৱাৰ পাছতেই, ১৯৭৭ চনত তেওঁ জনতা দলৰ প্ৰথমজন সভাপতি নিৰ্বাচিত হৈছিল। কেইবাটাও অকংগ্ৰেছী দলৰ সমৰ্থন আৰু একত্ৰীকৰণৰ ফলত সেইটো দল গঠিত হৈছিল। ১৯৭৭ চনৰ পাছৰ প্ৰতিটো নিৰ্বাচনতে (১৯৮৪ চনৰ বাহিৰে) তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল। ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰে। তেওঁলোকৰ চৰকাৰৰ নেতৃত্ব দিছিল মোৰাৰজী দেশাইয়ে। অৱশ্যে ১৯৮০ চনৰ নিৰ্বাচনত দলটোৱে পৰাজয়বৰণ কৰে আৰু ১৯৮৪ চনত মাত্ৰ দহখন আসন লাভ কৰি সম্পূৰ্ণ ধূলিসাৎ হৈ পৰে। বাল্লিয়া সমষ্টিত চন্দ্ৰ শেখৰ জগন্নাথ চৌধুৰীৰ ওচৰত পৰাভূত হয়। ১৯৮৮ চনত জনতা পাৰ্টি অন্যান্য দলৰ সৈতে সংযুক্ত হৈ ভি.পি. সিঙৰ নেতৃত্বত চৰকাৰ গঠন কৰে। পিছে সন্মিলিত চৰকাৰৰ লগত তেওঁ পুনৰ মতানৈক্য হয়। ১৯৯০ চনৰ ৫ নৱেম্বৰত চন্দ্ৰ শেখৰে জনতা দল ত্যাগ কৰে আৰু "জনতা দল ছছিয়েলিষ্ট ফেকচন" গঠন কৰে। ১৯৯০ চনৰ ১০নৱেম্বৰত জাতীয় কংগ্ৰেছৰ নেতা ৰাজীৱ গান্ধীৰ সমৰ্থনত তেওঁ ভি.পি. সিঙক ওফৰাই ভাৰতৰ প্ৰধান মন্ত্ৰীৰ পদটি দখল কৰে। ১৯৮৩ চনত চন্দ্ৰ শেখৰে এক বিশেষ পদযাত্ৰা আৰম্ভ কৰিছিল। সেই বছৰৰ ৬ জানুৱাৰীৰ পৰা ২৫ জুনলৈ, প্ৰায় ৪২৬০ কিলোমিটাৰ দূৰত্ব তেওঁলোকে খোজ কাঢ়ি ভ্ৰমণ কৰিছিল। সেই যাত্ৰাটো দক্ষিণে থকা কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈ দিল্লীত থকা মহাত্মা গান্ধীৰ সমাধিক্ষেত্ৰ "ৰাজঘাট"ত শেষ হৈছিল। বৃহত্তৰ সমাজখনৰ নানান সমস্যা আৰু তেওঁলোকৰ জীৱন-যাত্ৰাৰ বিষয়ে উৱাদিহ ল'বলৈ চন্দ্ৰ শেখৰৰ নেতৃত্বত সেই পদযাত্ৰাৰ সূচনা হৈছিল। তামিলনাডু, গুজৰাট, কেৰেলাকে ধৰি ভাৰতৰ পোন্ধৰটা ঠাইত তেওঁ কিছুমান "ভাৰত যাত্ৰা কেন্দ্ৰ" মুকলি কৰি দিছিল। সেইসমূহ কেন্দ্ৰই গ্ৰামাঞ্চলৰ পৰিৱেশত শিক্ষা আৰু তৃণমূল পৰ্যায়ৰ কামৰ উত্তৰণ ঘটাবলৈ সামাজিক আৰু ৰাজনৈতিক কৰ্মীসকলক বিশেষভাৱে প্ৰশিক্ষণ দিছিল। ১৯৮৯ চনত তেওঁ বাল্লিয়া লোক সভা সমষ্টি আৰু বিহাৰৰ মহাৰাজগঞ্জৰ সমষ্টিৰ পৰা জয়লাভ কৰে। তেওঁ বাল্লিয়াৰ আসনখন গ্ৰহণ কৰে। প্ৰধান মন্ত্ৰী হিচাপে চন্দ্ৰ শেখৰ সাতটা মাহৰ বাবে প্ৰধান মন্ত্ৰী হৈছিল, যিটো আছিল চৰণ সিঙৰ পাছতেই দ্বিতীয়টো চুটি কাৰ্যকাল। সেই সময়ছোৱাত গৃহ পৰিক্ৰমা আৰু প্ৰতিৰক্ষা বিভাগটোও তেঁৱেই চলাইছিল। অৱশ্যে, ১৯৯১ চনৰ ৬ মাৰ্চত কংগ্ৰেছে তেওঁলোকৰ সমৰ্থন উঠাই লোৱা বাবে চন্দ্ৰ শেখৰৰ চৰকাৰে সম্পূৰ্ণ বাজেট ঘোষণা কৰাত ব্যৰ্থ হ'ল। যাৰ পৰিণতিস্বৰূপে চন্দ্ৰ শেখৰে সেইদিনাই প্ৰধান মন্ত্ৰীৰ কাৰ্যালয় ত্যাগ কৰিবলগা হ'ল। মৃত্যু ২০০৭ চনৰ ৮ জুলাই তাৰিখে চন্দ্ৰ শেখৰে মৃত্যু বৰণ কৰে। তেওঁ কিছুসময়ৰ পৰা মাল্টিপল মাইল'মাত ভুগি আছিল আৰু মে' মাহৰ পৰা দিল্লীস্থ এপ'লো হাস্পতালতো চিকিৎসাধীন হৈ আছিল। তথ্যসূত্ৰ ভাৰতীয় ৰাজনীতিবিদ লোকসভাৰ সাংসদ ভাৰতৰ ব্যক্তি ভাৰতৰ প্ৰধানমন্ত্ৰী মৃত
63761
https://as.wikipedia.org/wiki/%E0%A7%B0%27%E0%A6%9C%E0%A6%BF%20%E0%A6%A6%E0%A7%8D%E0%A6%AF%20%E0%A7%B0%E0%A6%BF%E0%A6%AD%E0%A6%BF%E0%A6%9F%E0%A6%BE%E0%A7%B0
ৰ'জি দ্য ৰিভিটাৰ
ৰ'জি দ্য ৰিভিটাৰ হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এক সাংস্কৃতিক প্ৰতীক, যি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কাৰখানা আৰু বন্দৰসমূহত কাম কৰা মহিলাসকলক প্ৰতিনিধিত্ব কৰিছিল, যিসকলৰ বহুতে যুদ্ধৰ সামগ্ৰী প্ৰস্তুত কৰিছিল। এই মহিলাসকলকৰ বহুতেই যুদ্ধত যোগদান কৰা পুৰুষ শ্ৰমিকসকলৰ সলনি তেওঁলোকৰ ঠাইত চাকৰিসমূহ কৰিছিল। ৰ'জি দ্য ৰিভিটাৰক আমেৰিকান নাৰীবাদ আৰু মহিলাৰ অৰ্থনৈতিক বিকাশৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াৰ দৰে আন দেশতো মহিলা যুদ্ধ কৰ্মীসকলক প্ৰতিনিধিত্ব কৰা একে ধৰণৰ ছবি দেখা গৈছিল। ৰ'জি দ্য ৰিভিটাৰৰ ধাৰণাটো ১৯৪২ চনত ৰেড ইভান্স আৰু জন জেকব লৱেলে লিখা এটা গানত উদ্ভৱ হৈছিল। চৰকাৰী পোষ্টাৰ আৰু বাণিজ্যিক বিজ্ঞাপন আদিত মহিলা শ্ৰমিকসকলৰ ছবি বহুলভাবে প্ৰচাৰ কৰা হৈছিল, আৰু কাৰখানাবোৰত যুদ্ধকালীন সেৱাৰ বাবে মহিলাসকলক স্বেচ্ছাসেৱক ৰূপে যোগ দিবলৈ উদগনি জনোৱাৰ বাবে চৰকাৰে এনে ছবিসমূহ ব্যৱহাৰ কৰিছিল। ৰ'জি দ্য ৰিভিটাৰ ১৯৪৪ চনৰ হলিউডৰ চিনেমা এখনৰ বিষয় আৰু শিৰোনাম হৈ পৰিছিল। ইতিহাস বিশ্বযুদ্ধৰ সময়ত সমগ্ৰ বিশ্বই যুদ্ধত লিপ্ত হৈছিল, সেয়ে দেশসমূহৰ চৰকাৰে তেওঁলোকৰ শত্ৰুক পৰাজিত কৰিবলৈ দেশৰ সমগ্ৰ নাগৰিককে প্ৰত্যক্ষ বা পৰোক্ষভাবে যুদ্ধ কাৰ্যত ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা আহিছিল। লাখ লাখ মহিলাক উদ্যোগত কাম কৰিবলৈ আৰু পুৰুষৰ দ্বাৰা পূৰ্বতে কৰা কামবোৰ দখল কৰিবলৈ উদগনি দিয়া হৈছিল। প্ৰথম বিশ্বযুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহিলাসকলক পুৰুষসকলে আগতে কৰা চাকৰিত নিয়োগ কৰা হৈছিল। প্ৰথম বিশ্বযুদ্ধৰ দৰেই দ্বিতীয় বিশ্বযুদ্ধৰ সময় পুৰুষসকলে যুদ্ধত অংশগ্ৰহণ কৰাৰ ফলত উপলব্ধ শ্ৰমিকৰ অভাৱ হৈছিল আৰু সেয়েহে শ্ৰমিকৰ আৱশ্যকতা মহিলাসকলক নিযুক্তিৰে পূৰণ কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰায় ১.৯ কোটি মহিলাই চাকৰি কৰিছিল। এই মহিলাসকলৰ বহুতে ইতিমধ্যে কম পাৰিশ্ৰমিকৰ চাকৰিত কাম কৰি আছিল বা মহামন্দাৰ সময়ত চাকৰি হেৰুৱাই শেহতীয়াকৈ পুনৰ চাকৰিলৈ ঘূৰি আহিছিল। যুদ্ধৰ সময়ত কেৱল ৩০ লাখ নতুন মহিলা কৰ্মীয়ে চাকৰিত যোগদান কৰিছিল। পাৰম্পৰিকভাৱে পুৰুষসকলৰ বিষয়-বাবসমূহ পূৰণ কৰিবলৈ মহিলাসকলে আগ্ৰহ প্ৰকাশ কৰিছিল। তেওঁলোকে গধুৰ নিৰ্মাণ যন্ত্ৰপাতি পৰিচালনা কৰিবলৈ আৰম্ভ কৰিছিল, কাঠ আৰু ষ্টিল মিলত কাম কৰাৰ লগতে মাল পৰিবহন আনলোডিং, আকাশী বেলুন নিৰ্মাণ, অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ আদিৰ দৰে বহুতো কামত অংশ লৈছিল। আশ্চৰ্য্যজনকভাৱে, বহু মহিলাই আবিষ্কাৰ কৰিলে যে তেওঁলোকে এই কামবোৰে তেওঁলোকক প্ৰদান কৰা আত্মনিৰ্ভৰতা উপভোগ কৰিছে। ই মহিলাৰ দায়িত্ব আৰু সামৰ্থ্যৰ বাবে তেওঁলোকৰ নিজৰ আকাংক্ষা সম্প্ৰসাৰিত কৰিছিল। পিছে দুৰ্ভাগ্যজনকভাৱে ইয়াক অস্বাভাৱিক বুলি ভবা হৈছিল আৰু পুৰুষসকলে যুদ্ধৰ পৰা ঘৰলৈ উভতি আহিবলৈ আৰম্ভ কৰাৰ লগে লগে চৰকাৰে মহিলাসকলক "স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ" অনুৰোধ কৰি অন্য এক প্ৰচাৰ অভিযান আৰম্ভ কৰে। যদিও বেছিভাগ মহিলাই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পৰম্পৰাগতভাবে পুৰুষে কৰা কামবোৰ কৰিছিল, যুদ্ধৰ পৰা পুৰুষসকল উভতি অহাৰ পাছত মহিলাসকল তেওঁলোকৰ দৈনন্দিন গৃহকামলৈ ঘূৰি আহিব বুলি আশা কৰা হৈছিল। মহিলাসকলৰ উদ্দেশ্যেৰে কৰা চৰকাৰী অভিযানবোৰ কেৱল গৃহিণীসকলৰ বাবেহে কৰা হৈছিল, চৰকাৰে সম্ভৱতঃ ভাবিছিল যে ইতিমধ্যে নিযুক্ত মহিলাসকলে নিজেই উচ্চ পাৰিশ্ৰমিকৰ "অত্যাৱশ্যকীয়" চাকৰিলৈ যাবগৈ বা হয়তো এনে ভবা হৈছিল যে বেছিভাগই চাকৰি এৰি গৃহিণী হ'বগৈ। চৰকাৰী এটা বিজ্ঞাপনে মহিলাসকলক সুধিছিল- "আপুনি বৈদ্যুতিক মিক্সাৰ ব্যৱহাৰ কৰিব পাৰে নেকি? যদি পাৰে, তেন্তে আপুনি ড্ৰিল মেছিন এটা চলাবলৈ শিকিব পাৰে।" মহিলাসকলৰ স্বামীসকল, যিসকলৰ বহুতে এনে কাম সমৰ্থন কৰা নাছিল, তেওঁলোকৰ উদ্দেশ্যিও প্ৰপাগাণ্ডা চলোৱা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত চাকৰিত যোগদান কৰা বহুতো মহিলা মাতৃ আছিল। ঘৰত শিশু থকা মহিলাসকলে তেওঁলোকৰ পৰিয়ালৰ ভৰণ-পোষণ কৰাৰ প্ৰচেষ্টাত একেলগে হৈছিল। তেওঁলোকে গোটত একত্ৰিত হৈছিল আৰু কাপোৰ ৰন্ধা, পৰিষ্কাৰ কৰা আৰু ধোৱা-পখলা কৰা আদি কাম ভাগ-বতৰা কৰিছিল। যিসকলৰ সৰু শিশু আছিল, তেওঁলোকে একেটা ঘৰতে একেলগে আছিল যাতে তেওঁলোকে সময়, ধন আৰু খাদ্য সঞ্চয় কৰিব পাৰে। যদি তেওঁলোক দুয়োজনে কাম কৰে, তেওঁলোকে বেলেগ বেলেগ সময়ত কাম কৰিছিল যাতে তেওঁলোকে শিশুবোৰ শুশ্ৰুষা কৰিব পাৰে। সেইসময়ত আন লোকসকল নিশ্চিত নাছিল যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত চাকৰি লোৱাৰ মহিলাসকলক পূৰ্ণকালীন মাতৃ হিচাপে কাম কৰি থাকিবলৈ অনুৰোধ কৰিব লাগে নে প্ৰয়োজনৰ সময়ত দেশক সমৰ্থন কৰিবলৈ চাকৰিলৈ যোৱাত সহায় কৰিব লাগে। বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰি সৈন্যসকলক সমৰ্থন কৰিবলৈ সক্ষম হোৱা বাবে মহিলাসকলে তেওঁলোকৰ কামৰ বাবে অতি দক্ষ আৰু গৌৰৱ অনুভৱ কৰিছিল। ৬০ লাখৰো অধিক মহিলাই যুদ্ধৰ চাকৰি পাইছে; কৃষ্ণাংগ-আমেৰিকান, হিস্পানিক, শ্বেতাংগ আৰু এছিয়ান মহিলাসকলে একেলগে কাম কৰিছিল। 'এ মাউথফুল অৱ ৰিভিটছ' নামৰ কিতাপখনত ভি কিৰ্ষ্টিন ভ্ৰুমেনে সেই সময়ৰ বিষয়ে লিখিছিল যেতিয়া তেওঁ ৰিভিটাৰ হ'বলৈ লোৱা সিদ্ধান্তক ৰোমন্থন কৰিছে। তেওঁ বয়িং বোমাৰু উৰাজাহাজ নিৰ্মাণ কাৰখানৰ এচেম্বলি লাইনত কাম কৰিছিল। সেয়া তেওঁৰ বাবে কিমান ৰোমাঞ্চকৰ আছিল তাক লেখিকাই কৈছে, "আটাইতকৈ ডাঙৰ ৰোমাঞ্চ মই আপোনাক ক'ব নোৱাৰোঁ যেতিয়া -বোৰ এছেম্বলি লাইনৰ পৰা ওলাইছিল। আপুনি আমি কেনে অনুভৱ কৰিছিলোঁ বিশ্বাস কৰিব নোৱাৰিব। আমি কৰি দেখুৱালোঁ!" মহিলাসকলে কৰ্মশক্তিৰ প্ৰত্যাহ্বান স্বীকাৰ কৰাৰ পাছত তেওঁলোকে সমান অধিকাৰৰ প্ৰতি শক্তিশালী অগ্ৰসৰতা অব্যাহত ৰাখে। ১৯৪৪ চনত যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে বিজয় নিশ্চিত যেন লাগিছিল, মহিলাসকলক ঘৰত কাম কৰিবলৈ অনুৰোধ কৰি চৰকাৰৰ পৃষ্ঠপোষকতা কৰাৰ প্ৰৱণতা সলনি হয়। পাছত বহুতো মহিলাই পাৰম্পৰিক কাম যেনে কেৰাণী বা প্ৰশাসনৰ পদৰ কামসমূহলৈ উভটি আহিছিল। তেওঁলোকৰ অনিশ্চা স্বত্বেও নিম্ন পাৰিশ্ৰমিকৰ চাকৰিসমূহত পুনৰ প্ৰৱেশ কৰিব লগা হৈছিল। কিন্তু এই মহিলাসকলৰ কিছুমানে কাৰখানাবোৰত কাম কৰি থাকে। ১৯৪৭ চনত কাম কৰা মহিলাৰ সামগ্ৰিক শতাংশ ৩৬% ৰ পৰা কমি ২৮% হৈ পৰিছিল। প্ৰভাৱ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত 'এনচাইক্লোপিডিয়া অৱ আমেৰিকান ইকনমিক হিষ্ট্ৰী'ৰ মতে, "ৰ'জি দ্য ৰিভিটাৰে" এক সামাজিক আন্দোলনক অনুপ্ৰাণিত কৰিছিল যি ১৯৪৪ চনলৈ কাম কৰা আমেৰিকান মহিলাৰ সংখ্যা ১.২ কোটিৰ পৰা ২ কোটিলৈ বৃদ্ধি কৰিছিল, এয়া ১৯৪০ চনৰ পৰা ৫৭% বৃদ্ধি পাইছিল। ১৯৪৪ চনত ২০ৰ পৰা ৩৪ বছৰ বয়স ভিতৰৰ কেৱল ১৭ লাখ অবিবাহিত পুৰুষে সুৰক্ষা উদ্যোগত কাম কৰিছিল, আনহাতে সেই বয়সৰে ৪১ লাখ অবিবাহিত মহিলাই এনে কাম কৰিছিল। যদিও "ৰ'জি দ্য ৰিভিটাৰ" ছবিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৱেল্ডিং আৰু ৰিভিটিঙৰ দৰে ঔদ্যোগিক কাম প্ৰতিফলিত কৰিছিল, বেছিভাগ শ্ৰমিক মহিলাই অৰ্থনীতিৰ প্ৰতিটো খণ্ডতে অনা-কাৰখানাৰ পদসমূহ পূৰণ কৰিছিল। এই মহিলাসকলৰ একত্ৰিত অভিজ্ঞতাই তেওঁলোকক নিজকে (লগতে দেশকো) প্ৰমাণ কৰিছিল যে তেওঁলোকে "পুৰুষৰ কাম" কৰিব পাৰে আৰু ইয়াক ভালদৰে কৰিব পাৰে। ১৯৪২ চনত, জানুৱাৰী আৰু জুলাই মাহৰ মাজত, মহিলাৰ বাবে "গ্ৰহণযোগ্য" হ'ব পৰা চাকৰিৰ অনুপাতৰ অনুমান নিয়োগকৰ্তাই ২৯ৰ পৰা ৮৫% লৈ বৃদ্ধি কৰিছিল। কৃষ্ণাংগ আমেৰিকান মহিলাসকল এই প্ৰয়োজনীয়তাৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত আছিল। কোৱা হৈছে যে সেই সময়ত কৃষ্ণাংগসকলৰ লগত শ্বেতাংগসকলে কাম কৰা প্ৰক্ৰিয়াই সামাজিক প্ৰতিবন্ধকতা ভাঙিছিল আৰু বিবিধতাৰ এক স্বাস্থ্যকৰ স্বীকৃতিক উদগনি দিছিল। যুদ্ধৰ পাছত মহিলাসকলে দ্ৰুততাৰে ৰ'জি দ্য ৰিভিটাৰ প্ৰতি সঁহাৰি জনাইছিল, যাৰ দ্বাৰা তেওঁলোকে বিশ্বাস লাভ কৰিছিল যে কৰ্মশক্তিত প্ৰৱেশ কৰাতো তেওঁলোকৰ স্বদেশ প্ৰেমমূলক কৰ্তব্য। কোনো কোনোৱে দাবী কৰে যে চিৰদিনৰ বাবে মহিলাসকলৰ বাবে কৰ্মশক্তিৰ দুৱাৰ খোল খাইছিল, কিন্তু আনসকলে সেই বিষয়ে বিবাদ কৰি কয় যে যুদ্ধৰ পাছত বহু মহিলাক চাকৰিৰ পৰা উলিয়াই দিয়া হৈছিল আৰু তেওঁলোকৰ কামবোৰ পুৰুষসকলক ঘূৰাই দিয়া হৈছিল। এই সমালোচনাকাৰীসকলে দাবী কৰে যে যেতিয়া শান্তি ঘূৰি আহিছিল, তেতিয়া বহু কম সংখ্যক মহিলাইহে তেওঁলোকৰ যুদ্ধকালীন পদলৈ উভতি আহিছিল আৰু বেছিভাগেই ঘৰুৱা কাম পুনৰ আৰম্ভ কৰিছিল বা আন চাকৰি যেনে কেৰাণী আৰু সেৱা খণ্ডৰ কামলৈ স্থানান্তৰ হৈছিল। কিছুমানৰ বাবে, দ্বিতীয় বিশ্বযুদ্ধই মহিলাসকলৰ বাবে এক মুখ্য টাৰ্ণিং পইণ্ট আছিল কিয়নো তেওঁলোকে যুদ্ধৰ প্ৰচেষ্টাক আগ্ৰহেৰে সমৰ্থন কৰিছিল, কিন্তু আন ইতিহাসবিদসকলে গুৰুত্ব দি কয় যে, এই পৰিৱৰ্তনবোৰ অস্থায়ী আছিল আৰু যুদ্ধ শেষ হোৱাৰ ঠিক পাছতে মহিলাসকলে স্ত্ৰী আৰু মাতৃৰ দৰে পাৰম্পৰিক ভূমিকালৈ ঘূৰি আহিব বুলি আশা কৰা হৈছিল। এটা তৃতীয় গোটে যুদ্ধৰ দ্বাৰা অনা পৰিৱৰ্তনৰ দীৰ্ঘম্যাদী তাৎপৰ্যৰ ওপৰত গুৰুত্ব দিয়ে আৰু ইয়াক সমকালীন মহিলা আন্দোলনৰ ভিত্তি ৰূপে গণ্য কৰে। লিলা জে ৰূপে তেওঁৰ দ্বিতীয় বিশ্বযুদ্ধৰ অধ্যয়নত লিখিছিল "প্ৰথমবাৰৰ বাবে কৰ্মৰত মহিলাসকলে ৰাজহুৱা প্ৰেক্ষাপতত আধিপত্য বিস্তাৰ কৰিছিল।" যুদ্ধৰ পাছত, যিহেতু ৰাষ্ট্ৰ শান্তিৰ সময়লৈ উভতি আহিছিল, মহিলাসকলক তেওঁলোকৰ কাৰখানাৰ চাকৰিৰ পৰা দ্ৰুততাৰে বিতাৰণ কৰা হৈছিল। "ৰ'জি" আৰু তেওঁলোকৰ অনুসৰণ কৰা প্ৰজন্মই জানিছিল যে কাৰখানাবোৰত কাম কৰাটো প্ৰকৃততে মহিলাসকলৰ বাবে সম্ভৱ আছিল, যদিও তেওঁলোকে ১৯৭০ চনলৈকে পুনৰ এনে বৃহৎ অনুপাতত চাকৰিৰ বজাৰত পুনৰ প্ৰৱেশ কৰা নাছিল। সেই সময়লৈকে দেশৰ সকলোতে কাৰখানাৰ নিযুক্তি হ্ৰাস পাইছিল। "অন্তিম ৰ'জি দ্য ৰিভিটাৰ" বুলি জনাজাত এলিনাৰ অট'ই ৫০ বছৰলৈ বিমান নিৰ্মাণ কৰিছিল আৰু ৯৫ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ প্ৰতীক কাল্পনিক চৰিত্ৰ আমেৰিকা
82232
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A6%BE%E0%A6%AE%E0%A6%9A%E0%A7%B0%E0%A6%BF%E0%A6%A4%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A6%B8
ৰামচৰিতমানস
ৰামচৰিতমানস ১৬ শতিকাৰ ভাৰতীয় ভক্তি কবি তুলসীদাস (প্ৰায় ১৫৩২–১৬২৩) দ্বাৰা ৰচনা কৰা অৱধি ভাষাৰ এক মহাকাব্যিক সংস্কৰণ। (এই গ্ৰন্থখনক জনপ্ৰিয় ভাষাত তুলসী ৰামায়ণ বুলিও কোৱা হয়। ৰামচৰিতমানস শব্দৰ আক্ষৰিক অৰ্থ হৈছে "ৰামৰ কৰ্মৰ হ্ৰদ।" এই গ্ৰন্থক হিন্দু সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ গ্ৰন্থ হিচাপে গণ্য কৰা হয়। "ভাৰতীয় সংস্কৃতিৰ জীৱন্ত সমষ্টি", "মধ্যযুগীয় ভাৰতীয় কবিতাৰ যাদুকৰী বাগিচাৰ আটাইতকৈ ওখ গছ", "সকলো ভক্তিমূলক সাহিত্যৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ" আৰু "জনপ্ৰিয়ৰ শ্ৰেষ্ঠ আৰু বিশ্বাসযোগ্য পথ প্ৰদৰ্শক", "ভাৰতীয় জনসাধাৰণৰ জীৱন্ত বিশ্বাস" ইত্যাদি বিভিন্ন ধৰণে এই গ্ৰন্থখন প্ৰশংসিত হৈছে। তুলসীদাস সংস্কৃত ভাষাৰ এজন মহান পণ্ডিত আছিল। কিন্তু তেওঁ বিচাৰিছিল যে ৰামৰ কাহিনীটো সাধাৰণ জনতাৰ বাবে সুলভ হওক, কিয়নো সংস্কৃতৰ পৰা বহুতো অপভ্ৰংশ ভাষাৰ বিকাশ ঘটিছিল আৰু সেই সময়ত সংস্কৃত ভাষা কম সংখ্যক লোকেহে বুজিব পাৰিছিল। ৰামৰ কাহিনীটো পণ্ডিত সকলে জনাৰ দৰেই সাধাৰণ মানুহৰ বাবে সুলভ কৰি তুলিবলৈ তুলসীদাসে আৱাধিত লিখিবলৈ বাছি লৈছিল। পৰম্পৰা অনুসৰি তুলসীদাস ভাষা কবি হোৱাৰ বাবে বাৰাণসীৰ সংস্কৃত পণ্ডিতসকলৰ বহু সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু বেদ, উপনিষদ আৰু পুৰাণত সন্নিৱিষ্ট জ্ঞান সাধাৰণ জনতাৰ বাবে সৰল কৰাৰ বাবে তুলসীদাসে নিজৰ সংকল্পত অটল হৈ থাকিল। পৰৱৰ্তী সময়ত তেওঁৰ ৰচনাসমূহ বহুলভাৱে গ্ৰহণ কৰা হয়। ৰামচৰিতমানসে, ৰামৰ কাহিনীটো সাধাৰণ মানুহক গান গোৱা, ধ্যান আৰু পৰিবেশন কৰিবলৈ উপলব্ধ কৰি দিলে। ৰামচৰিতমানসৰ লেখাই বহুতো সাংস্কৃতিক পৰম্পৰাৰো আগজাননী দিছিল, আটাইতকৈ উল্লেখযোগ্য কথাটো হ'ল ৰামলীলাৰ পৰম্পৰা, গ্ৰন্থখনৰ নাটকীয় অভিনয়। ৰামচৰিতমানসক বহুতে হিন্দী সাহিত্যত ভক্তি আন্দোলনৰ স-গুণ বিদ্যালয়ৰ অন্তৰ্গত গ্ৰন্থ হিচাপে গণ্য কৰে। পটভূমি ১৬৩১ (১৫৭৪ খ্ৰীষ্টাব্দ) বিক্ৰম সংবাদত তুলসীদাসে অযোধ্যাত ৰামচৰিতমানসৰ কাব্য সমূহ লিখিবলৈ আৰম্ভ কৰে। এই কাব্যৰ ভিতৰত সঠিক তাৰিখটো কোৱা হৈছে যে চৈত্ৰ মাহৰ নৱম দিন, যিটো ৰামৰ জন্মদিন ৰামনৱমী। ৰামচৰিতমানস অযোধ্যা, বাৰাণসী আৰু চিত্ৰকুটত ৰচনা কৰা হৈছিল। এই সময়ছোৱাত আকবৰ (১৫৫৬-১৬০৫ খ্ৰীষ্টাব্দ) ভাৰতৰ সম্ৰাট আছিল। গতিকে তুলসীদাস উইলিয়াম শ্বেইকছপীয়েৰৰ সমসাময়িক হিচাপে পৰিগণিত হয়। ৰামচৰিতমানসৰ কাব্যসমূহ স্থানীয় অৱধি ভাষাত ৰচনা কৰা হৈছে, গ্ৰন্থখনৰ মূল অংশক একাংশই সংস্কৃত মহাকাব্য বাল্মিকী ৰামায়ণৰ ঘটনাৰ কাব্যিক পুনৰাবৃত্তি বুলি গণ্য কৰে। সূৰ্য্যবংশৰ ৰঘু ৰজাৰ বংশবৃক্ষৰ বংশধৰ ৰামৰ আখ্যানক কেন্দ্ৰ কৰি বাল্মিকী ৰামায়ণ ৰচনা কৰা হৈছে। ৰাম অযোধ্যাৰ ৰাজকুমাৰ আছিল আৰু হিন্দু পৰম্পৰাত তেওঁক বিষ্ণুৰ সপ্তম অৱতাৰ হিচাপে গণ্য কৰা হয়। কিন্তু ৰামচৰিতমানস কোনো কাৰণতে বাল্মীকি ৰামায়ণৰ শব্দ প্ৰতিলিপি নহয় বা সংক্ষিপ্ত পুনৰাবৃত্তি নহয়। ৰামচৰিতমানসত সংস্কৃতত পূৰ্বতে ৰচিত আন বহুতো ৰামায়ণৰ উপাদান আছে, আৰু অন্যান্য ভাৰতীয় উপভাষাৰ লগতে পুৰাণৰ গল্পও আছে। তুলসীদাসৰ ত্ৰেতাযুগলৈকে ঘটা ঘটনাবোৰ চাবলৈ কিছুমান আধ্যাত্মিক শক্তি আছিল বুলি কোৱা হয় যিটো তেওঁ ৰামচৰিতমানসত বৰ্ণনা কৰিছিল। তুলসীদাসে নিজে কেতিয়াও ৰামচৰিতমানসক বাল্মীকি ৰামায়ণৰ পুনৰাবৃত্তি বুলি লিখা নাই। তেওঁ মহাকাব্য ৰামচৰিতমানসক ৰামৰ কাহিনী বুলি কয়, যিটো তেওঁ পত্নী পাৰ্বতীক একেখিনি কথা কোৱাৰ আগতে শিৱৰ মনত (মানস) সংৰক্ষিত আছিল বুলি উল্লেখ কৰিছে। তুলসীদাসে তেওঁৰ গুৰু নৰহৰিদাসৰ যোগেদি কাহিনীটো লাভ কৰা বুলি দাবী কৰে। কিছুমানে ৰামচৰিতমানসৰ এই অংশটোৰ অৰ্থ এই বুলি উল্লেখ কৰে যে তুলসীদাস এজন সৰু ল’ৰা হোৱাৰ বাবে প্ৰথমতে কাহিনীটো সম্পূৰ্ণৰূপে ধৰিব পৰা নাছিল। তেওঁৰ গুৰুজনে কৃপা কৰি বাৰে বাৰে আওৰাই থাকিল যাতে তেওঁ বুজিব পাৰে আৰু মনত পেলাব পাৰে। তাৰ পিছত তেওঁ কাহিনীটো বৰ্ণনা কৰি শিৱই নিজে কোৱাৰ দৰে ৰামচৰিতমানস নাম দিলে। সেয়েহে মহাকাব্যিক সংস্কৰণটোক তুলসীকৃত ৰামায়ণ (আক্ষৰিক অৰ্থত তুলসীদাসৰ দ্বাৰা ৰচিত ৰামায়ণ) বুলিও কোৱা হয়। কোনোকোনোৱে এই কাব্যক উচ্চ শ্ৰেণীৰ ব্ৰাহ্মণীয় সংস্কৃতৰ আধিপত্যৰ প্ৰতি প্ৰত্যাহ্বানক প্ৰতিনিধিত্ব কৰে বুলি বিশ্বাস কৰে, কিন্তু বহু পণ্ডিতৰ মতে তেওঁ অৱধিত এই কাৰণেই লিখিছিল, তেওঁ বিচাৰিছিল যে প্ৰতিজন ব্যক্তিয়ে ৰামৰ মূল্যবোধ শিকিব লাগে। সূচী ৰামচৰিতমানস সাতটা কাণ্ডৰে গঠিত। তুলসীদাসে মহাকাব্যখনৰ সাতটা কাণ্ডক মানস সৰোবৰৰ পবিত্ৰ জললৈ যোৱা সাতটা খোজৰ সৈতে তুলনা কৰিছিল "যিটোৱে দেহ আৰু আত্মাক একেলগে শুদ্ধ কৰে।" প্ৰথম দুটা অংশ বালকাণ্ড (শৈশৱৰ খণ্ড) আৰু অযোধ্যাকাণ্ড (অযোধ্যা খণ্ড)। আন অংশসমূহ হ’ল অৰণ্যকাণ্ড (বন খণ্ড), কিষ্কিন্ধাকাণ্ড (কিষ্কিন্ধা খণ্ড), সুন্দৰকাণ্ড (সুখদায়ক খণ্ড), লংকাকাণ্ড (লংকা খণ্ড), আৰু উত্তৰাকাণ্ড (পৰৱৰ্তী খণ্ড)। ৰচনাখন মূলতঃ চৌপাই ছন্দত ৰচনা কৰা হৈছে, যিটো দোহা ছন্দৰে পৃথক কৰা হৈছে, মাজে মাজে সোৰাথা আৰু বিভিন্ন ছন্দ আছে। টোকা তথ্যসূত্ৰ ভাৰতীয় ভাষাৰ কাব্য
4435
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%82%E0%A6%B7%E0%A6%A3
প্ৰদূষণ
প্ৰদূষণ হ’ল প্ৰাকৃতিক পৰিৱেশত দূষিত পদাৰ্থৰ প্ৰৱেশ ঘটাৰ ফলত হোৱা পৰিৱেশৰ বিৰূপ পৰিবৰ্তন। প্ৰদূষণে যিকোনো পদাৰ্থ (কঠিন, তৰল বা গেছ) বা শক্তি (যেনে তেজস্ক্ৰিয়তা, তাপ, শব্দ বা পোহৰ)ৰ ৰূপ ল’ব পাৰে। প্ৰদূষণৰ কাৰক অৰ্থাৎ প্ৰদূষকসমূহ বিদেশী পদাৰ্থ/শক্তি বা প্ৰাকৃতিকভাৱে পোৱা যিকোনো কাৰক হ’ব পাৰে। প্ৰাকৃতিক পৰিঘটনাৰ ফলত পৰিৱেশ প্ৰদূষণ হ’ব পাৰে যদিও প্ৰদূষণ শব্দটোৱে সাধাৰণতে মানুহৰ কাৰ্যকলাপৰ দ্বাৰা পৰিৱেশ দূষিত হোৱাকে বুজায়। প্ৰদূষণক প্ৰায়ে বিন্দু উৎস বা অবিন্দু উৎস প্ৰদূষণ হিচাপে শ্ৰেণীভুক্ত কৰা হয়। ২০১৫ চনত প্ৰদূষণৰ ফলত সমগ্ৰ বিশ্বতে ৯০ লাখ লোক (প্ৰতি ছয়জনৰ ভিতৰত এজন)ৰ মৃত্যু হৈছিল। ২০১৯ চনতো এই হাৰ একেই থাকিল বুলি জনা যায়। ইয়াৰে ৩ ৪ শতাংশৰ মৃত্যুৰ কাৰণ আছিল বায়ু প্ৰদূষণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিৱেশ সুৰক্ষা প্ৰশাসনে দিয়া প্ৰদূষণৰ সংজ্ঞা অনুসৰি "পানী, মাটি বা বায়ুত থকা যিকোনো পদাৰ্থ যিয়ে পৰিৱেশৰ প্ৰাকৃতিক গুণগত মান অৱনমিত কৰে, দৃষ্টিশক্তি, ৰুচি বা ঘ্ৰাণ ইন্দ্ৰিয়ক আঘাত কৰে, বা স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰসংঘই প্ৰদূষণক "পৰিৱেশৰ মাধ্যমত (বায়ু, পানী, ভূমি) এনে পদাৰ্থ আৰু তাপৰ উপস্থিতি বুলি গণ্য কৰে, যাৰ প্ৰকৃতি, স্থান বা পৰিমাণে পৰিৱেশৰ ওপৰত অবাঞ্চিত প্ৰভাৱ পেলায়।" প্ৰদূষণৰ প্ৰধান ৰূপসমূহৰ ভিতৰত বায়ু প্ৰদূষণ, পোহৰ প্ৰদূষণ, আৱৰ্জনা, শব্দ প্ৰদূষণ, প্লাষ্টিক প্ৰদূষণ, স্থল প্ৰদূক্ষণ, তেজস্ক্ৰিয় প্ৰদূষণ, তাপ প্ৰদূষণ, দৃষ্টি প্ৰদূষণ, আৰু পানী প্ৰদূষণ আদি প্ৰধান। প্ৰকাৰভেদ প্ৰদূষণৰ প্ৰধান প্ৰকাৰসমূহৰ লগতে ইয়াৰ কাৰকসমূহৰ বিষয়ে তলত উল্লেখ কৰা হৈছে বায়ু প্ৰদূষণ বায়ুমণ্ডললৈ ৰাসায়নিক পদাৰ্থ আৰু কণাবোৰ নিৰ্গত হোৱা। সাধাৰণ গেছীয় প্ৰদূষকসমূহৰ ভিতৰত কাৰ্বন মনোক্সাইড, ছালফাৰ ডাই অক্সাইড, ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বন আৰু উদ্যোগ আৰু মটৰ গাড়ীৰ দ্বাৰা উৎপাদিত নাইট্ৰ’জেন অক্সাইড আদি অন্তৰ্ভুক্ত। নাইট্ৰজেন অক্সাইড আৰু হাইড্ৰ’কাৰ্বনে সূৰ্যৰ পোহৰৰ প্ৰতি বিক্ৰিয়া কৰাৰ লগে লগে আলোক ৰাসায়নিক অ’জন আৰু ধোঁৱাৰ সৃষ্টি হয়। এই কণাযুক্ত পদাৰ্থ বা মিহি ধূলিৰ বৈশিষ্ট্য হৈছে ইহঁতৰ মাইক্ৰ'মিটাৰ আকাৰ পিএম ১০ ৰ পৰা পিএম ২.৫। বিদ্যুৎচুম্বকীয় প্ৰদূষণ: ৰেডিঅ' আৰু টেলিভিছন সংবহন, ৱাই-ফাই আদিৰ পৰা বিদ্যুৎচুম্বকীয় বিকিৰণৰ অ-আয়নীকৃত ৰূপত অতিমাত্ৰা বিকিৰণ হ’লে বিদ্যুৎচুম্বকীয় প্ৰদূষণ সৃষ্টি হয়। পোহৰ প্ৰদূষণ: অতিমাত্ৰা আলোকসজ্জা আৰু জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনাৰ ফলৰ পোহৰ প্ৰদূষণ হ’ব পাৰে। আৱৰ্জনা ৰাজহুৱা আৰু ব্যক্তিগত স্থানত জাবৰ জোথৰ পেলাই আৱৰ্জনাৰে পূৰ্ণ কৰি ৰাখিলে পৰিৱেশ দূষিত হয়। শব্দ প্ৰদূষণ: বাট-পথৰ গাড়ী-মটৰৰ শব্দ, বিমানৰ শব্দ, ঔদ্যোগিক শব্দৰ লগতে উচ্চ তীব্ৰতাসম্পন্ন ছ’নাৰ আদিয়ে শব্দ প্ৰদূষণৰ সৃষ্টি কৰে। প্লাষ্টিক প্ৰদূষণ: পৰিৱেশত প্লাষ্টিক সামগ্ৰী আৰু মাইক্ৰ’প্লাষ্টিক জমা হোৱাটোৱে বন্যপ্ৰাণী, বন্যপ্ৰাণীৰ বাসস্থান বা মানুহক বিৰূপ প্ৰভাৱ পেলায়। মাটিৰ প্ৰদূষণ: দূষিত ৰাসায়নিক পদাৰ্থ মাটিৰ লগত মিলি মাটিৰ প্ৰদূষণ ঘটায়। মাটিৰ প্ৰদূষকসমূহৰ ভিতৰত হাইড্ৰ'কাৰ্বন, গধুৰ ধাতু, ঘাঁহনিনাশক, কীটনাশক আৰু ক্ল’ৰিনেটেড হাইড্ৰ’কাৰ্বন আদি উল্লেখযোগ্য। তেজস্ক্ৰিয় প্ৰদূষণ: ২০ শতিকাৰ পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ কাৰ্য্যকলাপৰ ফলত, যেনে পাৰমাণৱিক শক্তি উৎপাদন আৰু পাৰমাণৱিক অস্ত্ৰ গৱেষণা, নিৰ্মাণ আৰু নিয়োগ আদিয়ে তেজস্ক্ৰিয় প্ৰদূষণ ঘটাব পাৰে। তাপ প্ৰদূষণ: তাপ প্ৰদূষণ হৈছে মানুহৰ প্ৰভাৱৰ ফলত হোৱা প্ৰাকৃতিক জলভাগৰ উষ্ণতাৰ পৰিৱৰ্তন, যেনে বিদ্যুৎ কেন্দ্ৰত পানীক শীতল পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা। দৃশ্য প্ৰদূষণ: দৃশ্য প্ৰদূষণৰ দ্বাৰা ওপৰৰ পৰা বিদ্যুৎ পৰিবাহী লাইন, মটৰৱে’ বিলবোৰ্ড, দাগযুক্ত ভূমি আকৃতি (ষ্ট্ৰিপ মাইনিঙৰ পৰা), আৱৰ্জনা, পৌৰসভাৰ কঠিন আৱৰ্জনা বা মহাকাশৰ ধ্বংসাৱশেষৰ মুকলি সংৰক্ষণক বুজাব পাৰে। বাণিজ্যিক আৰু ঔদ্যোগিক আৱৰ্জনাৰ পৰা হোৱা প্ৰদূষণ: ইচ্ছাকৃতভাৱে বা আকস্মিক কোনো কাৰণত পৃষ্ঠীয় পানীলৈ ঔদ্যোগিক বৰ্জ্য পানী নিষ্কাশনৰ ফলত হোৱা জল প্ৰদূষণ; পৰিশোধিত নলা-নৰ্দমাৰ পৰা অপৰিশোধিত নলা আৰু ৰাসায়নিক দূষক পদাৰ্থ, যেনে, ক্ল’ৰিন নিৰ্গত হোৱা; আৰু পৃষ্ঠীয় পানীলৈ বৈ যোৱা পৃষ্ঠীয় পানীলৈ আৱৰ্জনা আৰু দূষক পদাৰ্থ নিৰ্গত কৰা (নগৰীয়া পানী আৰু কৃষিৰ পানীকে ধৰি, য’ত ৰাসায়নিক সাৰ আৰু কীটনাশক থাকিব পাৰে, লগতে মুকলি শৌচৰ পৰা মানুহৰ মলো থাকিব পাৰে)। প্ৰদূষক প্ৰদূষক হ’ল পৰিৱেশৰ বিভিন্ন অংশ যেনে বায়ু, পানী বা মাটি প্ৰদূষিত কৰা আৱৰ্জনা। প্ৰদূষকৰ তীব্ৰতা তিনিটা কাৰকৰ দ্বাৰা নিৰ্ণয় কৰা হয়: ইয়াৰ ৰাসায়নিক প্ৰকাৰ, ঘনত্ব, ক্ষতিৰ পৰিসৰ আৰু সময়সীমা। প্ৰাকৃতিক কাৰণ প্ৰদূষণৰ অন্যতম উল্লেখযোগ্য প্ৰাকৃতিক উৎস হ'ল আগ্নেয়গিৰি, যিয়ে বিস্ফোৰণৰ সময়ত বায়ুমণ্ডললৈ বৃহৎ পৰিমাণৰ ক্ষতিকাৰক গেছ নিৰ্গত কৰে। আগ্নেয়গিৰিৰ গেছসমূহৰ ভিতৰত কাৰ্বন ডাই অক্সাইড, যি বৃহৎ ঘনত্বত মাৰাত্মক হ'ব পাৰে আৰু জলবায়ু পৰিৱৰ্তনত অৰিহণা যোগায়, হাইড্ৰজেন হেলাইড যিয়ে এচিড বৰষুণৰ সৃষ্টি কৰিব পাৰে, চালফাৰ ডাই অক্সাইড, যি প্ৰাণীৰ বাবে ক্ষতিকাৰক আৰু অ'জন স্তৰৰ ক্ষতি কৰে, আৰু হাইড্ৰজেন ছালফাইড, যি হত্যা কৰিবলৈ সক্ষম মানুহৰ ঘনত্ব প্ৰতি হাজাৰত ১ অংশতকৈ কম। আগ্নেয়গিৰিৰ নিৰ্গমনত মিহি আৰু অতি সূক্ষ্ম কণাও অন্তৰ্ভুক্ত কৰা হয় য’ত বিষাক্ত ৰাসায়নিক পদাৰ্থ আৰু আৰ্চেনিক, সীহ আৰু পাৰা আদি পদাৰ্থ থাকিব পাৰে। বজ্ৰপাতৰ ফলত প্ৰাকৃতিকভাৱে হ’ব পৰা বন্য অগ্নিকাণ্ডও বায়ু প্ৰদূষণৰ এক উল্লেখযোগ্য উৎস। বন্য অগ্নিকাণ্ডৰ ধোঁৱাত যথেষ্ট পৰিমাণৰ কাৰ্বন ডাই অক্সাইড আৰু কাৰ্বন মনোক্সাইড দুয়োটা থাকে, যিয়ে শ্বাসৰুদ্ধকৰ সৃষ্টি কৰিব পাৰে। বন্য অগ্নিকাণ্ডৰ ধোঁৱাৰ ভিতৰতো বৃহৎ পৰিমাণৰ মিহি কণা পোৱা যায়, যিয়ে জীৱ-জন্তুৰ বাবে স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে। মানৱ প্ৰজন্ম মটৰ গাড়ীৰ নিৰ্গমন বায়ু প্ৰদূষণৰ অন্যতম প্ৰধান কাৰণ। চীন, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ভাৰত মেক্সিকো, আৰু জাপান বায়ু প্ৰদূষণৰ নিৰ্গমনৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ। প্ৰধান স্থবিৰ প্ৰদূষণৰ উৎসসমূহৰ ভিতৰত ৰাসায়নিক উদ্যোগ, কয়লা চালিত শক্তি কেন্দ্ৰ, তেল শোধনাগাৰ, পেট্ৰ'কেমিকেল প্লাণ্ট, পাৰমাণৱিক আৱৰ্জনা নিষ্কাশন কাৰ্য্যকলাপ, জ্বলোৱা যন্ত্ৰ, বৃহৎ পশুধন পাম (দুগ্ধজাত গৰু, গাহৰি, হাঁহ-কুকুৰা আদি), পিভিচি কাৰখানা, ধাতু উৎপাদন কাৰখানা, প্লাষ্টিক কাৰখানা, আৰু অন্যান্য গধুৰ উদ্যোগ। কৃষি বায়ু প্ৰদূষণ সমসাময়িক পদ্ধতিৰ পৰা আহে য’ত প্ৰাকৃতিক গছ-গছনি স্পষ্টকৈ কাটি জ্বলোৱাৰ লগতে কীটনাশক আৰু ঘাঁহনিনাশক ছটিয়াই দিয়া আদি অন্তৰ্ভুক্ত। প্ৰতি বছৰে প্ৰায় ৪০ কোটি মেট্ৰিক টন বিপজ্জনক আৱৰ্জনা উৎপন্ন হয়। কেৱল আমেৰিকাই প্ৰায় ২৫ কোটি মেট্ৰিক টন উৎপাদন কৰে। আমেৰিকানসকলে বিশ্বৰ জনসংখ্যাৰ ৫%তকৈও কম, কিন্তু বিশ্বৰ প্ৰায় ২৫% 2 উৎপাদন কৰে, আৰু বিশ্বৰ প্ৰায় ৩০% আৱৰ্জনা উৎপন্ন কৰে। ২০০৭ চনত চীনে আমেৰিকাক অতিক্ৰম কৰি বিশ্বৰ সৰ্ববৃহৎ 2 উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হয়। সেউজ গৃহ গেছৰ নিৰ্গমন সালোক সংশ্লেষণৰ বাবে কাৰ্বন ডাই অক্সাইড অতি প্ৰয়োজনীয় হ’লেও ইয়াক প্ৰদূষক বুলিও কোৱা হয়, কাৰণ বায়ুমণ্ডলত এই গেছৰ মাত্ৰা বৃদ্ধিয়ে পৃথিৱীৰ জলবায়ুত প্ৰভাৱ পেলাইছে। পৰিৱেশৰ বিঘিনি ঘটাই প্ৰদূষণৰ অঞ্চলসমূহৰ মাজৰ সংযোগকো উজ্জ্বল কৰি তুলিব পাৰে যিবোৰক সাধাৰণতে পৃথকে পৃথকে শ্ৰেণীভুক্ত কৰা হ’য়, যেনে পানী আৰু বায়ুৰ মণ্ডল। শেহতীয়া অধ্যয়নসমূহে বায়ুমণ্ডলীয় কাৰ্বন ডাই অক্সাইডৰ দীৰ্ঘম্যাদী বৃদ্ধিৰ মাত্ৰাই সাগৰৰ পানীৰ এচিডিটি সামান্য কিন্তু জটিলভাৱে বৃদ্ধি কৰাৰ সম্ভাৱনা আৰু সাগৰীয় পৰিৱেশ তন্ত্ৰত ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ বিষয়ে অনুসন্ধান কৰিছে। ২০০৭ চনৰ ফেব্ৰুৱাৰী মাহত জলবায়ু পৰিৱৰ্তনৰ আন্তঃচৰকাৰী পেনেল (আই পি চি চি)ৰ এক প্ৰতিবেদনত, যিয়ে ১২০ খনতকৈও অধিক দেশৰ ২৫০০ বিজ্ঞানী, অৰ্থনীতিবিদ আৰু নীতি নিৰ্ধাৰকৰ কামক প্ৰতিনিধিত্ব কৰিছিল, য'ত নিশ্চিত কৰা হৈছিল যে ১৯৫০ চনৰ পৰা মানুহেই গোলকীয় উষ্ণতাৰ প্ৰধান কাৰণ। মানুহে ইচ্ছা কৰিলে সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ উপায় আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰক সমূহ এৰাই চলাৰ উপায় আছে, জলবায়ুৰ এক বৃহৎ প্ৰতিবেদনত এই সিদ্ধান্ত লোৱা হৈছে। কিন্তু জলবায়ু সলনি কৰিবলৈ কয়লা আৰু তেলৰ দৰে জীৱাশ্ম ইন্ধনৰ পৰা হোৱা পৰিৱৰ্তনক চলিত দশকৰ ভিতৰতে সলনি কৰাটো প্ৰয়োজন বুলি ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ আন্তঃচৰকাৰী পেনেল (আই পি চি চি)ৰ এই বছৰৰ চূড়ান্ত প্ৰতিবেদন অনুসৰি প্ৰকাশ হৈছে। মানুহৰ জীৱনত প্ৰদূষণৰ প্ৰভাৱ প্ৰতিকূল বায়ু সেৱন কৰাৰ ফলত মানুহকে আদি কৰি অন্যান্য জীৱ-জন্তু মৃত্যু মুখত পৰিব পাৰে। অজ’ন গেছৰ প্ৰদূষণৰ ফলত মানুহৰ শ্বাস- প্ৰশ্বাস জনিত ৰোগ, হৃদৰোগ, বুকুৰ বিষ আদিয়ে দেখা দিব পাৰে। ২০১০ চনৰ এক বিশ্লেষণত অনুমান কৰা হৈছে যে চীনত বায়ু প্ৰদূষণৰ বাবে প্ৰতি বছৰে ১২ লাখ লোকৰ অকাল মৃত্যু হয়। দীৰ্ঘদিন ধৰি চীনে সন্মুখীন হোৱা প্ৰদূষিত ধোঁৱাৰ মাত্ৰাই মানুহৰ শৰীৰৰ ক্ষতি কৰিব পাৰে আৰু বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে। ২০০৭ চনত বিশ্ব স্বাস্থ্য সংস্থাই অনুমান কৰিছিল যে ভাৰতত বায়ু প্ৰদূষণৰ ফলত বছৰি ডেৰ লাখ লোকৰ মৃত্যু হয়। তেনেদৰে গৱেষণালব্ধ তথ্য অনুসৰি আমেৰিকাত বছৰি নিহত লোকৰ সংখ্যা ৫০,০০০ৰো অধিক হ'ব পাৰে। ২০১৭ চনৰ অক্টোবৰ মাহত লেন্সেট কমিছন অন পলিউচন এণ্ড হেল্থ )ৰ এক অধ্যয়নত দেখা গৈছে যে প্ৰদূষণ, বিশেষকৈ বিষাক্ত বায়ু, পানী, মাটিৰ ফলত বছৰি ন লাখ লোকৰ মৃত্যু হয়। এই হাৰ এইডছ, যক্ষ্মা আৰু মেলেৰিয়াৰ ফলত হোৱা মৃত্যুৰ সংখ্যাৰ তিনিগুণ, আৰু যুদ্ধ আৰু অন্যান্য ধৰণৰ মানৱ হিংসাৰ ফলত হোৱা মৃত্যুৰ তুলনাত ১৫ গুণ বেছি। পানী প্ৰদূষণৰ ফলত প্ৰতিদিনে প্ৰায় ১৪,০০০ লোকৰ মৃত্যু হয়। ইয়াৰ মূল কাৰণ হ'ল উন্নয়নশীল দেশসমূহৰ অপৰিশোধিত নলা-নৰ্দমাৰ দ্বাৰা দূষিত খোৱাপানী। আনুমানিক ৫০ কোটি ভাৰতীয়ৰ কোনো উপযুক্ত শৌচাগাৰৰ সুবিধা নাই। ২০১৩ চনত ভাৰতত দহ নিযুততকৈও অধিক লোক দূষিত পানীজনিত ৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰে আৰু ১৫৩৫জন লোকৰ মৃত্যু হয়, ইয়াৰে অধিকাংশই শিশু। শব্দ প্ৰদূষণৰ ফলত আমাৰ শ্ৰৱণ ক্ষমতা হ্ৰাস হোৱাৰ উপৰিও উচ্চ ৰক্ত-চাপ,নিদ্ৰাহীনতা আদিৰ দৰে ৰোগ হোৱাৰ সম্ভাৱনা দেখা দিয়ে। শিশুৰ বিকাশৰ সমস্যা আৰু স্নায়ুজনিত লক্ষণৰ সৈতে পাৰাৰ সম্পৰ্ক আছে বুলি গৱেষণাৰ পৰা তথ্য পোৱা গৈছে। সীহ আৰু অন্যান্য গধুৰ ধাতুই স্নায়ুজনিত সমস্যাৰ সৃষ্টি কৰা দেখা গৈছে। তেনেদৰে ৰাসায়নিক আৰু তেজস্ক্ৰিয় পদাৰ্থই কেন্সাৰ আৰু লগতে জন্মগত বিসংগতিৰ সৃষ্টি কৰিব পাৰে। প্ৰদূষণৰ নিয়ন্ত্ৰণ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিৱেশ ব্যৱস্থাপনাত ব্যৱহৃত শব্দ। ইয়াৰ অৰ্থ হ’ল বায়ু, পানী বা মাটিলৈ প্ৰদূষকৰ নিৰ্গমন নিয়ন্ত্ৰণ কৰা। প্ৰদূষণ নিয়ন্ত্ৰণ অবিহনে অতিমাত্ৰা ব্যৱহাৰ, উষ্ণতা, কৃষি, খনন, উৎপাদন, পৰিবহণ আৰু অন্যান্য মানৱীয় কাম-কাজৰ পৰা নিৰ্গত পেলনীয়া পদাৰ্থবোৰ জমা হৈ বা বিয়পি পৰিব পৰিৱেশৰ অৱনতি ঘটিব। নিয়ন্ত্ৰণৰ স্তৰত প্ৰদূষণ নিয়ন্ত্ৰণতকৈ প্ৰদূষণ প্ৰতিৰোধ আৰু আৱৰ্জনা কম কৰা অধিক বাঞ্ছনীয়। ভূমি উন্নয়নৰ ক্ষেত্ৰত কম প্ৰভাৱৰ উন্নয়ন নগৰীয়া পানীৰ সোঁত ৰোধৰ একধৰণৰ কৌশল। প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ নীতি, আইন আৰু নিৰীক্ষণ/স্বচ্ছতা/জীৱনচক্ৰৰ মূল্যায়ন-সংলগ্ন অৰ্থনীতি বিকশিত আৰু বলবৎ কৰিব পৰা যায়। এটা পৰ্যালোচনাই এই সিদ্ধান্তত উপনীত হয় যে বিশ্বব্যাপী সমৰ্থিত "আনুষ্ঠানিক বিজ্ঞান–নীতি আন্তঃপৃষ্ঠ"ৰ ওপৰত কাম কৰা, যেনে- "হস্তক্ষেপৰ বিষয়ে অৱগত কৰা, গৱেষণাক প্ৰভাৱিত কৰা, আৰু পথ প্ৰদৰ্শক জিৰ" ওপৰত মনোযোগ আৰু কাৰ্য্যব্যৱস্থাৰ অভাৱ বিদ্যমান। তথ্যসূত্ৰ পৰিৱেশ বিজ্ঞান
34550
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%B7
ৰুদ্ৰাক্ষ
ৰুদ্ৰাক্ষ গছৰ বৈজ্ঞানিক নাম অৰ্থাৎ গোত্ৰ ইয়াত জাতি নাম আৰু প্ৰজাতি নাম আৰু শেষৰ .শব্দটোৱে এই গছৰ উদ্ভাৱক ৰ সংক্ষিপ্ত নাম বুজায়৷ এই নামেৰে ৰুদ্ৰাক্ষ গছ পৃথিৱীৰ সকলো ঠাইতে ="গ্ৰন্থ ১" ৰুদ্ৰাক্ষৰ গছৰ উৎপত্তি হিন্দুসকলৰ তৃতীয় আৰাধ্য দেৱতা শিৱৰ লগত ৰুদ্ৰাক্ষৰ উৎপত্তিৰ কথা জড়িত হৈ আছে বুলি জনা যায়৷ ৰুদ্ৰাক্ষ শিৱৰ বৰ প্ৰিয় গছ আছিল৷ এইটো এটা সংস্কৃত শব্দ৷ ‘ৰুদ্ৰ’ৰ অৰ্থ হৈছে শিৱ আৰু ‘অক্ষি’ মানে চকু,অৰ্থাৎ ৰুদ্ৰাক্ষ মানে শিৱৰ চকু৷ পৌৰাণিক মহাকাব্য শিৱপুৰাণৰ মতে পৃথিৱীৰ মানুহৰ দুখ-দুৰ্দশা দেখি মহাদেৱে ইমানেই সহানুভূতিশীল হৈ পৰিছিল যে তেওঁৰ চকুৰপৰা এটুপি পানী নিৰ্গত হৈ মাটিত পৰিছিল আৰু চকুলো টোপাল বীজলৈ পৰিণত হৈ কালক্ৰমত পৃথিৱীত ৰুদ্ৰাক্ষ গছৰ সৃষ্টি হৈছিল৷ ভৌগোলিক বিস্তৃতি ৰুদ্ৰাক্ষ গছ সাধাৰণতে দক্ষিণ-পূব এছিয়াৰ জাভা, সুমাত্ৰা, বৰ্নিঅ’, বালি, ইৰাণ, ইণ্ডোনেছিয়া, ফিলিপাইন, ম্যানমাৰ, পূব নেপাল আৰু সমগ্ৰ উত্তৰ ভাৰতত পোৱা যায়৷ বৰ্তমান পৃথিৱীৰ শতকৰা প্ৰায় ৭০ ভাগ ৰুদ্ৰাক্ষ গছ ইণ্ডোনেছিয়াত, ২৫ ভাগ নেপালত আৰু প্ৰায় ৫ভাগ ৰুদ্ৰাক্ষ গছ ভাৰতবৰ্ষত বিস্তৃত হৈ আছে। ৰুদ্ৰাক্ষ গছৰ বিশেষ লক্ষণ বহু বৰ্ষজীৱী ডাঙৰ ঔষধি গছ৷ সমুদ্ৰপৃষ্ঠৰপৰা ২,০০০ মিটাৰ উচ্চাতাত এই গছ দেখা পোৱা যায়৷ গছজোপাৰ উচ্চতা ৫০ৰপৰা ২০০ফুট পৰ্যন্ত হয়৷ এই গছৰ বাকলি ধোঁৱা বৰণীয়া বগা আৰু খহটা৷ পাতবোৰ সৰল আৰু বহল৷ পাতৰ ওপৰপৃষ্ঠ উজ্জল-সেউজীয়া আৰু তলফালটো কম সেউজীয়াআৰু চামৰাৰ দৰে৷ এপ্ৰিল-মে মাহৰ ভিতৰত ৰুদ্ৰাক্ষ গছৰ ফুল ফুলে আৰু জুন মাহত ফল ধৰিবলৈ আৰম্ভ কৰি আগষ্টৰপৰা অক্টোবৰৰ ভিতৰত ফল পকে৷ ফলবোৰ গোলাকাৰ, মঙহাল আৰু বাকলিযুক্ত৷ ‘বেৰি’জাতীয় এই ফলৰ ভিতৰত একোটাকৈ গুটি থাকে৷ ফলবোৰ সম্পূৰ্ণকৈ পকিলে নীলা ৰঙৰ হয়৷ সেইকাৰণে ইয়াক ‘ব্লু-বেৰি’ বোলে। কিন্তু শুকাই গ’লে এই ফল ক’লা বৰণৰ হয়। ৰুদ্ৰাক্ষ গছৰ গুটি গুটিৰ ওপৰিভাগ যথেষ্ট কঠিন আৰু খহটা (ভোটা কাঁইটৰ দৰে)৷ এই গুটি ৰচীৰে গাঁথি মালা তৈয়াৰ কৰা হয়৷ ৰুদ্ৰাক্ষ গুটিৰ ওপৰভাগত সৰু সৰু ‘মুখ’ থাকে৷ এই মুখৰ সংখ্যা একোটা গুটিত ১ৰপৰা ৩৮টা পৰ্যন্ত হোৱা দেখা যায়৷ এক আৰু চৈধ্যমুখী ৰুদ্ৰাক্ষৰ অধিপতি ৰুদ্ৰ বা শিৱ বুলি বিশ্বাস কৰা হয়৷ এক আৰু পোন্ধৰৰপৰা আঠত্ৰিছমুখী ৰুদ্ৰাক্ষ বিৰল৷ পঞ্চমুখী ৰুদ্ৰাক্ষ সহজলভ্য৷ সেইকাৰণে সাধু-সন্নাসীসকলে পঞ্চমুখী ৰুদ্ৰাক্ষৰ গুটিৰ মালা ব্যৱহাৰ কৰে৷ এই গছৰ গুটিৰে মালা তৈয়াৰ কৰা হয় কাৰণে ৰুদ্ৰাক্ষ গছক ইংৰাজীত ‘বিড )বোলে৷ বৈদিক শাস্ত্ৰত বিশ্বব্ৰক্ষ্মাণ্ডখন ১০৮টা মূল উপাদানেৰে গঠিত বুলি উল্লেখ থকা কাৰণে এডাল মালাত ১০৮টা ৰুদ্ৰাক্ষ গুটি ব্যৱহাৰ কৰা হয়৷ ৰুদ্ৰাক্ষৰ খেতি কৰাটো কষ্টকৰ। কাৰণ এই গছৰ গুটীৰ অংকুৰণ হ’বলৈ বহু সময় লাগে৷ মাটিৰ গুণাগুণ আৰু আৰ্দ্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি এবছৰৰপৰা দুবছৰৰ ভিতৰত এই গুটিৰ অংকুৰণ হয়৷ ২৫°-৩০° দুবছৰৰ ছেণ্টিগ্ৰেড উষ্ণতাৰ উপক্ৰান্তীয় অঞ্চলত ৰুদ্ৰাক্ষৰ খেতি কৰা হয়৷ সাত বছৰ বয়স হোৱাৰ পাছতহে সাধাৰণতে ৰুদ্ৰাক্ষ গছত ফল ধৰে৷ তাপ, পোহৰ আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰি একোজোপা গছতে ভিন্নমুখী ৰুদ্ৰাক্ষ গুটিৰ সৃষ্টি হ’ব পাৰে৷ হিমালয়ৰ নামনি অঞ্চলত হোৱা গুটি সেই ঠাইৰ মাটি,পৰিবেশ আৰু জলবায়ুৰ বাবে আটাইতকৈ গধুৰ আৰু শক্তিশালী হয়৷ হিন্দু,বৌদ্ধ আৰু শিখ ধৰ্মৰ লোকে হাজাৰ হাজাৰ বছৰ ধৰি নিজৰ দেহ,মন আৰু আত্মা পবিত্ৰ কৰাৰ বাবে ৰুদ্ৰাক্ষৰ মালা ‘জপমালা’ হিচাপে ব্যৱহাৰ আৰু পৰিধান কৰি আহিছে৷ ৰুদ্ৰাক্ষৰ ঔষধি গুণ ভাৰতবৰ্ষত কেইবাজনো বিশিষ্ট গৱেষকে ৰুদ্ৰাক্ষৰ গুটিৰ বিষয়ে সময়ে সময়ে গৱেষণা কৰি আহিছে৷ এই গুটিত )আৰু ‘পলিফেনলিক’ৰ( )ৰাসায়নিক জটিল পদাৰ্থ নিহিত হৈ আছে বুলি গৱেষকসকলে মন্তব্য কৰে৷ 6 6)নামৰ কাৰ্বন আৰু হাইড্ৰ’জেনযুক্ত পদাৰ্থৰ লগত এটা বা ততোধিক )গ্ৰুপযুক্ত হৈ ফেনলিক পদাৰ্থৰ সৃষ্টি হয়৷ এই পদাৰ্থবোৰ উদ্ভিদৰ বিভিন্ন বিপাকীয় কাৰ্যৰ ফলত তৈয়াৰ হয়৷ ‘ষ্টেৰল’বিলাক কাৰ্বন,হাইড্ৰ’জেন আৰু ’গ্ৰুপ থকা এলকহল জাতীয় পদাৰ্থ৷ উদাহৰণ, 27 45 )আয়ুৰ্বেদৰ মতে ৰুদ্ৰাক্ষৰ মালা পৰিধান কৰিলে হৃৎপিণ্ডৰ অস্বাভাৱিক কম্পন,শাসকষ্ট আদি ৰোগ,স্নায়ৱিক দুৰ্বলতা,মানসিক উৎকণ্ঠা,হতাশা আদি হ্ৰাস পায়৷ ফলত শাৰীৰিক আৰু মানসিক দুয়োফালৰপৰা মানুহক সবল আৰু কাৰ্যক্ষম কৰি মনলৈ বাৰ্ধক্য ভাব অহাত বাধা দিয়ে৷ গতিকে ৰুদ্ৰাক্ষ গুটিৰ বাৰ্ধক্য প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে৷ উচ্চ ৰক্তচাপত ভোগা লোকে এই মালা পৰিধান কৰিলে উপকৃত হয়৷ কাৰণ ৰুদ্ৰাক্ষৰ গুটিৰ স্পৰ্শই দেহত বিদ্যুৎ চুম্বকীয় প্ৰবাহৰ সৃষ্টি কৰে বুলি অতীজপৰা বহুতৰ মনত বিশ্বাস আছে৷ বেনাৰসৰ ‘ইণ্ডিয়ান ইনষ্টিটিউট )ড° সুহাস ৰয়ে প্ৰকাশ কৰা গৱেষণা পত্ৰই এই তত্তৰ সত্যতা প্ৰমাণ কৰে৷ ৰুদ্ৰাক্ষ গুটিৰ গুৰি পানীৰ লগত মিলাই খালেও কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ উচ্চ ৰক্তচাপ নিয়মীয়া ,1985)৷ ভিন্নমুখী(১-৩৮ মুখযুক্ত)ৰুদ্ৰাক্ষৰ গুটি ব্যৱহাৰ কৰি মানুহৰ দেহৰ বিভিন্ন ৰোগাক্ৰান্ত অংগ আদিয়ে আৰোগ্য লাভ কৰাৰ বিষয়ে লগত দিয়া তালিকাত উল্লেখ কৰা হ’ল। সাধাৰণতে পঞ্চমুখী গুটি সহজলভ্য আৰু এইবিধ গুটিৰ ৰক্তচাপ নিয়মীয়া কৰিব পৰা ক্ষমতা আছে৷ দ্বিমুখী গুটিৰ মালা পিন্ধিলে মনলৈ শান্তি আহে বুলি জনা যায়৷ আয়ুৰ্বেদৰ মতে কেইটামান গুটি অলপ গাখীৰত উতলাই লৈ ঠাণ্ডা কৰি সেই গাখীৰ খালেও শৰীৰত দেখা দিয়া হতাশা,বুকুৰ ধপধপনি আদি নিয়মীয়া হয়৷ প্ৰাচীন কালত কেৱল ঋষি-মুনিসকলেহে ৰুদ্ৰাক্ষৰ মালা পিন্ধিছিল আৰু ‘জপমালা’ হিচাপে ব্যৱহাৰ কৰিছিল৷ কিন্তু বৰ্তমান এই মালা আমাৰ দেশৰ বহুতো পুৰুষ-মহিলাই ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে৷ ভাৰতীয় সংস্কৃতি,দৰ্শন আৰু বিদেশী লোকেও ৰুদ্ৰাক্ষৰ মালা পৰিধান কৰা দেখা গৈছে৷ বৰ্তমান বজাৰত পাঁচ টকাৰপৰা আৰম্ভ কৰি ২.৪০লাখ টকা মূল্যৰ ৰুদ্ৰাক্ষ আছে বুলি জনা যায়৷ ৰুদ্ৰাক্ষৰ মালা বৰ্তমান বজাৰত সোণ,ৰূপ আৰু বিবিধ মণিৰ লগত মিলাই গঁথা ‘বিলাসী )পোৱা যায়৷ ৰুদ্ৰাক্ষৰ মালা সকলোৱে ব্যৱহাৰ কৰিব পাৰে,মাথোঁ এই ক্ষেত্ৰত নকল ৰুদ্ৰাক্ষৰ পৰা সাৱধান হোৱা উচিত৷ নকল ৰুদ্ৰাক্ষ গছজোপাৰ বৈজ্ঞানিক )৷ এই গুটি ৰুদ্ৰাক্ষ সদৃশ যদিও একে পৰ্যায়ৰ নহয়৷ প্ৰকৃত ৰুদ্ৰাক্ষ চিনি পোৱাৰ উপায় ৰুদ্ৰাক্ষৰ প্ৰকৃত গুটি পানীত ছঘণ্টা সময় উতলাই থাকিলেও গুটিৰ কোনো পৰিবৰ্তন নহয়,একেই থাকে৷ কিন্তু নকল ৰুদ্ৰাক্ষ পানীত ভাগি জহি যায়৷ প্ৰকৃত ৰুদ্ৰাক্ষ কোনোমতেই ভাঙিব নোৱাৰি৷ ৰুদ্ৰাক্ষ মালা পৰিধান কৰাসকলে কিছু সাৱধানতা অৱলম্বন কৰে৷ তেওঁলোকৰ মতে এই মালা শোওঁতে আৰু গা ধোৱাৰ সময়ত খুলি থব লাগে৷ কাৰণ চাবোন লাগিলে গুটিত থকা তৈলগুণ হেনো ক্ৰমশ: নোহোৱা হৈ যায়৷ মালাৰ উপৰিভাগত লগা ধূলি-বালি দূৰ কৰিবলৈ মালাধাৰ এৰাতি পানীত তিয়াই থৈ,শুকুৱাই লৈ জলফাইৰ )বা মিঠাতেল সানি পুনৰ ব্যৱহাৰ কৰিব পাৰে৷ তথ্য সংগ্ৰহ
60764
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%A8%20%E0%A6%95%E0%A6%9B%E0%A6%BE%E0%A7%B0%E0%A7%80
বৰ্মন কছাৰী
বৰ্মন কছাৰী দক্ষিণ এছিয়াৰ বড়ো-কছাৰী ঠালৰ জনগোষ্ঠী। ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশত বৰ্মন কছাৰী সকলৰ বসতি আছে। বৰ্মন কছাৰী সকল বৰাক উপত্যকাত ডিমাছা জনগোষ্ঠীৰ উপভাগ আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত পৃথক গোষ্ঠী। বৰাক উপত্যকাৰ কাছাৰ জিলা, কৰিমগঞ্জ জিলা আৰু হাইলাকান্দি জিলাৰ লগতে অৰুণাচল প্ৰদেশত বৰ্মন কছাৰী সকলৰ বসতি দেখা যায়। সেইদৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ওদালগুৰি জিলা, বাক্সা জিলা, চিৰাং জিলা, কোকৰাঝাৰ জিলা, দৰং জিলা, কামৰূপ জিলা, গোৱালপাৰা জিলা, গোৱালপাৰা জিলা, নগাঁও জিলা, লখিমপুৰ জিলা, ধেমাজি জিলা আৰু বৰপেটা জিলাত তেওঁলোকৰ বসতি আছে। ২০০২ চনৰ সংশোধনী আইন মতে অসমৰ বৰ্মন কছাৰী সকলে নিজকে 'বৰ্মন' হিচাপে অভিহিত কৰে। ইতিহাস পুৰণি অসমৰ কছাৰী ৰাজ্যত বৰ্মন কছাৰী গোষ্ঠীৰ উৎপত্তি হৈছিল। তাৰপিছত তেওঁলোক মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডত সিঁচৰিত হৈ পৰে। ভাৰতে স্বাধীনতা লাভ কৰাৰ আগতে বহুতো বৰ্মন কছাৰী লোকে বৰ্তমান বাংলাদেশৰ মৈমনসিং আৰু ছিলেট অঞ্চলত বাস কৰিছিল। দেশ বিভাজনৰ পিছত তেওঁলোক অবিভক্ত অসমলৈ প্ৰব্ৰজন কৰে। ১৭০৮ চনত কছাৰী ৰজা তাম্ৰধ্বজৰ ৰাজত্ব কালত কছাৰী সকলে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। ১৮২৫ চনত কছাৰী ৰজা গোবিন্দ চন্দ্ৰ দেৱে কেইঘৰমান ডাঙৰীয়াৰ পৰিয়ালৰ সৈতে খাছপুৰ এৰি মৈমনসিঙলৈ পলাই গৈছিল। আহোম আৰু মণিপুৰী সকলৰ লগতে মান দেশৰ আক্ৰমণৰ বাবে এই প্ৰব্ৰজন সংঘটিত হৈছিল। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত কছাৰী ৰজাসকলে নিজ ৰাজ্যলৈ ঘূৰি আহে। এই সন্ধিৰ ফলত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনলৈ যায় আৰু ১৮৩০ চনত গোবিন্দ চন্দ্ৰ দেৱৰ মৃত্যু হয়। ভাষা বৰ্মন কছাৰী সকলৰ নিজা ভাষাক 'বৰ্মন ঠাৰ' বোলে। ঠাৰ মানে হৈছে ভাষা। বৰ্মন ঠাৰ অতি বিপদাপন্ন ভাষা। এই ভাষা তিব্বত-বৰ্মী ভাষাগোষ্ঠীৰ অন্তৰ্গত আৰু বড়ো-গাৰো উপভাগৰ। ২০১৯ চনৰে লৈকে এই ভাষাৰ বৈজ্ঞানিক অধ্যয়ন সম্পন্ন হোৱা নাছিল। ২০১৯ চনত তেজপুৰ বিশ্ববিদ্যালয় ভাষাবিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰথমবাৰৰ বাবে ইয়াৰ বৈজ্ঞানিক অধ্যয়ন কৰে। ২০১৭ চনৰ লোকপিয়ল অনুসৰি বৰ্মন কছাৰী সকলৰ মুঠ জনসংখ্যা ২৪,২৩৭ যদিও অতি কম সংখ্যক লোকে বৰ্মন ঠাৰ ব্যৱহাৰ কৰে। তেওঁলোকে অসমীয়া ভাষা আৰু ডিমাছা ভাষাৰ লগতে হিন্দী আৰু ইংৰাজী ভাষায়ো ব্যৱহাৰ কৰে। জন-গাঁথনি বৰাক উপত্যকাৰ বৰ্মন কছাৰী সকলে অনুসূচীত জনজাতিৰ মৰ্যাদা লাভ কৰিছে। কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বৰ্মন কছাৰী সকলে বৰ্তমানলৈকে এই অনুসূচীত জনজাতিৰ মৰ্যাদা লাভ কৰা নাই। ২০১৭ চনৰ জন গণনা অনুসৰি তেওঁলোকৰ মুঠ জনসংখ্যা ২৪,২৩৭ জন। ইয়াৰে ১২,৫৫৫ গৰাকী পুৰুষ আৰু ১১,৫০৩ গৰাকী মহিলা। তেওঁলোকৰ সাক্ষৰতাৰ হাৰ অতি নিম্নমানৰ। তেওঁলোকৰ আনুমানিক সাক্ষৰতাৰ হাৰ প্ৰায় ৪%তকৈ কম। ইয়াৰে ২.৫% পুৰুষৰ হাৰ আৰু ১.৫% মহিলাৰ হাৰ। সংস্কৃতি সমাজ ব্যৱস্থা বৰ্মন কছাৰী সকলে পিতৃতান্ত্ৰিক সমাজত বাস কৰে অৰ্থাৎ পুৰুষ তেওঁলোকৰ ঘৰৰ মুৰব্বী। তেওঁলোকৰ একে গোত্ৰৰ মাজত বিবাহ নিষিদ্ধ। পাৰম্পৰিক গাঁৱৰ প্ৰশাসনিক মুখিয়াল জনক চিগা মাথাইছা বা মাতবাৰ বোলে। মুখিয়াল হিচাপে তেওঁ কিছুমান কাৰ্যকৰী আৰু ন্যায়িক ক্ষমতা লাভ কৰে। সামাজিক উৎসৱ অনুষ্ঠান আদিৰ তেওঁ অবিচ্ছেদ্য অংগ। সাজ-পাৰ বৰ্মন কছাৰী সকলে তেওঁলোকৰ পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰে। পুৰুষ সকলে এবিধ দীঘল চা'ৰে লেংটি মাৰে আৰু মহিলা সকলে বুকুত 'দাফনা' বান্ধে আৰু ডিঙিত 'ডুমা' গামোচা লয়। ইয়াৰ লগতে কঁকালত 'টকাৰা' পিন্ধে। বৃদ্ধ সকলে সাধাৰণতে চুৰীয়া পিন্ধে। ধৰ্ম-বিশ্বাস বৰ্মন কছাৰী সকলে মূলতঃ হিন্দু ধৰ্ম পালন কৰে যদিও তেওঁলোকৰ নিজা কিছুমান লোক-বিশ্বাস আছে। তেওঁলোকৰ পূজা থানক 'থাওল' বোলে। তেওঁলোকে বাস্ত' পূজা, লক্ষ্মী পূজা আৰু পদ্মা পূজা উদযাপন কৰে। সময়ত বৰ্মন কছাৰী সকলে মাঘ বিহুক 'পুচুড়া' বোলে। বৈষ্ণৱ সন্ত চৈতন্য দেৱৰ প্ৰভাৱত তেওঁলোকে কিছুমান বঙালী সংস্কৃতি আৰু ৰীতি-নীতি গ্ৰহণ কৰিছে। তেওঁলোকে 'বুদ্দাই মেদাই'ক উপাস্য দেৱতা হিচাপে পূজা কৰে নৃত্য-গীত বৰ্মন কছাৰী সকলে নিজা পৰম্পৰাৰে বিহু উদযাপন কৰে। তেওঁলোকৰ পৰম্পৰাগত নৃত্যক 'মেশ্বক' বোলে। মেশ্বক সাধাৰণতে উৎসৱ-পাৰ্বন আৰু মেলাত পৰিবেশন কৰা হয়। বহাগ বিহু, মাঘ বিহু আৰু পূজা সমূহত মেশ্বক নৃত্য কৰা হয়। উৰুকাক তেওঁলোকে 'আৰ্ৱিষ' বোলে। আৰ্ৱিষৰ দিনা গৰু বিহুৰ দৰে গাই-গৰুক গা-পা ধুৱাই উপাসনা কৰা হয়। ইয়াৰ লগতে লাও-বেঙেনা আৰু পিঠা-পনায়ো খুৱাওৱা হয়। সেইদৰে কনিষ্ঠসকলে জ্যেষ্ঠসকলক সেৱা জনায় আৰু জ্যেষ্ঠ সকলে সকলোৰে ভালে-কুশলে বছৰটো পাৰ হবলৈ প্ৰাৰ্থনা জনায়। গাঁৱৰ ডেকা-বুঢ়া সকলোৱে পাৰম্পৰিক সাজ পৰিধান কৰি নৃত্য গীত কৰে। তেওঁলোকে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰ সমূহ হল: খেৰেম, খাম্বাক, চাৰিন্দা, শিঙা ইত্যাদি। সা-সঁজুলি বৰ্মন কছাৰী সকলে নিত্য ব্যৱহাৰ্য সামগ্ৰী সমূহ স্থানীয়ভাবে উপলব্ধ কাঠ-বাঁহেৰে সাজি লয়। বাঁহেৰে নিৰ্মাণ কৰা কিছুমান মাছ ধৰা সঁজুলি হল: জাখা বা জাখেই (জাকৈ), খক বা খকী (খালৈ) আৰু পল। তেওঁলোকৰ সকলোৰে ঘৰত ঢেঁকী পোৱা যায়। ঢেঁকীক তেওঁলোকে ঢেংকী বা খাম্বা বুলি কয়। তেওঁলোকে ধূম্ৰপানৰ বাবে ধাবা নামৰ হুকাহ ব্যৱহাৰ কৰে। অৰ্থনীতি বৰ্মন কছাৰী সকলৰ অৰ্থনীতি মুখ্যতঃ কৃষিভিত্তিক। পাহাৰৰ পাদদেশত বসবাস কৰা সকলে খৰি বিক্ৰী কৰে। তেওঁলোকৰ বেছিভাগেই আধিত খেতি কৰে। তেওঁলোকৰ দ্বাৰা উৎপাদিত মুখ্য শস্য সমূহ হল: ধান, ঘেঁহু, ডাইল, সৰিয়হ। ইয়াৰ লগতে তেওঁলোকে বিভিন্ন প্ৰকাৰৰ শাক-পাচলি যেনে: আলু, জলকীয়া আৰু বেঙেনাৰ খেতি কৰে। তেওঁলোকে তামোল, আম, কঁঠাল, নাৰিকল আদি উদ্যান শস্যৰ খেতিয়ো কিছু পৰিমাণে কৰে। বৰ্মন কছাৰী সকলৰ মাজত সাক্ষৰতা হাৰ অতি কম। সেয়ে চৰকাৰী কাম-কাজত তেওঁলোকৰ প্ৰতিনিধিত্ব নিচেই তাকৰ। বেছিভাগ পুৰুষে কাঠমিস্ত্ৰী আৰু ৰাজমিস্ত্ৰীৰ কাম কৰে। মহিলা সকলে ঘৰুৱা অৰ্থনীতিত বিশেষ ভূমিকা আগবঢ়ায়। তেওঁলোকে গৰু, ছাগলী, গাহৰি, হাঁহ-কুকুৰা পাৰ আদি পুহে। কিছুমান মহিলায়ে শ্ৰমিক হিচাপেও কাম কৰে আৰু খেতি পথাৰতো কাম কৰে। কিছুমানে পাৰম্পৰিক পদ্ধতিৰে কাপোৰ প্ৰস্তুত কৰে। তথ্য উৎস অসমৰ
81902
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A6%B2%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0%20%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A7%8B%E0%A6%9A%E0%A6%A8%E0%A6%BE
চলচ্চিত্ৰ সমালোচনা
চলচ্চিত্ৰ সমালোচনা হৈছে চলচ্চিত্ৰ আৰু চলচ্চিত্ৰ মাধ্যমৰ বিশ্লেষণ আৰু মূল্যায়ন। সাধাৰণতে চলচ্চিত্ৰ সমালোচনাক দুটা ভাগত ভাগ কৰিব পাৰি: সাংবাদিকতামূলক সমালোচনা যি বাতৰি কাকত, আলোচনী আৰু অন্যান্য জনপ্ৰিয় গণমাধ্যমসমূহত নিয়মিতভাৱে প্ৰকাশ পায়। আনবিধ হৈছে চলচ্চিত্ৰ তত্ত্বৰ দ্বাৰা অৱগত আৰু একাডেমিক আলোচনীত প্ৰকাশ পোৱা চলচ্চিত্ৰ পণ্ডিতসকলৰ দ্বাৰা শৈক্ষিক সমালোচনা, যাক ক'ব পাৰি শৈক্ষিক/বিদ্যায়তনিক চলচ্চিত্ৰ সমালোচনা একাডেমিক চলচ্চিত্ৰ সমালোচনাই পৰ্যালোচনাৰ ৰূপ ধাৰণ কৰাটো খুব কমেইহে দেখা যায়। ইয়াৰ পৰিৱৰ্তে ই ছবিখন আৰু ইয়াৰ ধাৰাটোৰ ইতিহাসৰ ভিতৰত, বা সমগ্ৰ চলচ্চিত্ৰ ইতিহাসৰ ভিতৰত ইয়াৰ স্থান বিশ্লেষণ কৰাৰ সম্ভাৱনা বেছি। ইতিহাস ১৯ শতিকাৰ শেষৰ ফালে চলচ্চিত্ৰৰ যুগাৰম্ভ হৈছিল। চলচ্চিত্ৰৰ আদিম কলাত্মক সমালোচনাৰ আৱিৰ্ভাৱ হৈছিল ১৯০০ চনৰ আৰম্ভণিতে। চলচ্চিত্ৰৰ সমালোচনা হিচাপে কাম কৰা প্ৰথমখন গৱেষণা পত্ৰ ওলাইছিল দ্য অপটিকেল লেণ্টেন আৰু চিনেমেট’গ্ৰাফ জাৰ্নেলত। তাৰ পিছত ১৯০৮ চনত বায়স্কোপ প্ৰকাশিত হৈছিল। প্ৰাচীন কালৰে পৰা বিদ্যমান সংগীত, সাহিত্য আৰু চিত্ৰকলাৰ তুলনাত চলচ্চিত্ৰ হৈছে এক তুলনামূলকভাৱে নতুন শিল্পকৰ্ম। চলচ্চিত্ৰৰ ওপৰত প্ৰাৰম্ভিক লেখাই যুক্তি দিব বিচাৰিছিল যে চলচ্চিত্ৰকো এক প্ৰকাৰৰ শিল্পকৰ্ম বুলি ধৰিব পাৰি। ১৯১১ চনত ৰিচিঅ'টো কানুডোৱে চিনেমাক "ষষ্ঠ কলা" (পৰৱৰ্তী সময়ত "সপ্তম কলা") বুলি ঘোষণা কৰি এখন ইস্তাহাৰ লিখিছিল। ইয়াৰ পিছতো বহু দশক ধৰি দীৰ্ঘদিনীয়া শিল্পকলাতকৈ চলচ্চিত্ৰক কম প্ৰতিপত্তিৰে ব্যৱহাৰ কৰা হৈছিল। ছুইডেনত গুৰুতৰ চলচ্চিত্ৰ সমালোচনাৰ নেতৃত্ব দিছিল বেংট ইডেষ্টাম-আলমকুইষ্টে। ছুইডেনৰ চলচ্চিত্ৰ প্ৰতিষ্ঠানে তেওঁক ছুইডেনৰ চলচ্চিত্ৰ সমালোচনাৰ পিতৃ বুলি অভিহিত কৰিছিল। ১৯২০ চনৰ ভিতৰত সমালোচকসকলে চলচ্চিত্ৰৰ গুণ আৰু মূল্যৰ বাবে চলচ্চিত্ৰক কেৱল মনোৰঞ্জনতকৈও অধিক বুলি বিশ্লেষণ কৰিছিল। পিছে এই মাধ্যমটোৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ বাবে প্ৰধান বাতৰি কাকতসমূহে চলচ্চিত্ৰ সমালোচক নিযুক্তি দিবলৈ আৰম্ভ কৰে। ১৯৩০ চনৰ শেষৰ ফালে দৰ্শকসকল চিনেমাৰ বিষয়ে প্ৰকাশ কৰা ছপা বাতৰিৰ উৎসৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু সমালোচনা বহুলাংশে থিয়েটাৰৰ ভিতৰত দৰ্শকৰ প্ৰতিক্ৰিয়াক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল। ১৯৪০ চনতেই সমালোচনাৰ নতুন ৰূপৰ লগত পৰিচয় ঘটিছিল। এক সুকীয়া ৰূপ আৰু শৈলীৰে ছবি বিশ্লেষণ কৰা ৰচনাসমূহে পাঠকক সমালোচকৰ যুক্তিৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিছিল। এই শৈলীবোৰৰ উত্থানেই চলচ্চিত্ৰ সমালোচনাক মূলসুঁতিলৈ আনিছিল। বহু জনপ্ৰিয় আলোচনীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। যাৰ ফলত চলচ্চিত্ৰ সমালোচনা আৰু সমালোচনাক বেছিভাগ ছপা মাধ্যমৰ মাজত এক অন্তিম প্ৰধান খাদ্য হৈ পৰিছিল। দশকবোৰ পাৰ হৈ যোৱাৰ লগে লগে সমালোচকৰ খ্যাতি বাঢ়ি আহিল আৰু জেমছ এগী, এণ্ড্ৰু চেৰিছ, পলিন কেল আৰু আধুনিক যুগত ৰজাৰ এবাৰ্ট আৰু পিটাৰ ট্ৰেভাৰ্ছৰ দৰে শিল্পকলাৰ মাজত ঘৰুৱা নামৰ জন্ম দিলে। সাংবাদিকতামূলক সমালোচনা বাতৰি কাকত, আলোচনী, সম্প্ৰচাৰ মাধ্যম আৰু অনলাইন প্ৰকাশনৰ বাবে কাম কৰা চলচ্চিত্ৰ সমালোচকসকলে মূলতঃ নতুন ছবিৰ মুক্তিৰ পৰ্যালোচনা কৰে যদিও পুৰণি ছবিসমূহৰ আলোচনাও তেওঁলোকে কৰে। এই পৰ্যালোচনাসমূহৰ বাবে এটা গুৰুত্বপূৰ্ণ কাম হ’ল পাঠকসকলক তেওঁলোকে ছবিখন চাব বিচাৰিব নে নাই সেই বিষয়ে অৱগত কৰা। চলচ্চিত্ৰ পৰ্যালোচনাই সাধাৰণতে ছবিখনৰ গুণ বা ত্ৰুটিৰ বিষয়ে আলোচনা কৰাৰ আগতে ছবিখনৰ মূল ভিত্তিটো ব্যাখ্যা কৰিব। ৰায়দানটোক প্ৰায়ে এক প্ৰকাৰৰ ৰেটিঙৰ সৈতে সংক্ষিপ্তভাৱে উল্লেখ কৰা হয়। অসংখ্য ৰেটিং ব্যৱস্থা আছে, যেনে ৫- বা ৪-তৰাৰ স্কেল, একাডেমিক-শৈলীৰ গ্ৰেড আৰু পিক্টোগ্ৰাম (যেনে ছান ফ্ৰান্সিস্কো ক্ৰনিকলত)। সুপৰিচিত সাংবাদিক সমালোচকৰ ভিতৰত আছে: জেমছ এগী (টাইম, দ্য নেচন); ভিনচেণ্ট কেনবি (দ্য নিউয়ৰ্ক টাইমছ); ৰজাৰ এবাৰ্ট (চিকাগো ছান-টাইমছ); মাৰ্ক কেৰম’ড (বিবিচি, দ্য অব্জাৰ্ভাৰ); জেমছ বেৰাৰ্ডিনেলি; ফিলিপ ফ্ৰেঞ্চ (দ্য অব্জাৰ্ভাৰ); পলিন কেল (দ্য নিউয়ৰ্কাৰ); মেনি ফাৰ্বাৰ (দ্য নিউ ৰিপাব্লিক, টাইম, দ্য নেচন); পিটাৰ ব্ৰেডশ্ব’ (দ্য গাৰ্ডিয়ান); মাইকেল ফিলিপছ (চিকাগো ট্ৰিবিউন); এণ্ড্ৰু চেৰিছ (দ্য ভিলেজ ভইচ); জোৱেল ছিগেল (গুড মৰ্নিং আমেৰিকা); জনাথন ৰ’জেনবাম (চিকাগো ৰিডাৰ); আৰু ক্ৰীষ্টি লেমিৰে (ৱাট দ্য ফ্লিক?!)। ৰজাৰ এবাৰ্ট আৰু জিন চিস্কেল এট দ্য মুভিজ (১৯৮৬ চনৰ টিভি অনুষ্ঠান)ৰ অনুষ্ঠানত টেলিভিছন ফৰ্মেটত চলচ্চিত্ৰ পৰ্যালোচনা কৰাৰ ধাৰণাটো জনপ্ৰিয় কৰি তুলিছিল, যি ১৯৮০ চনত ছিণ্ডিকেট হৈ পৰে। দুয়োজন সমালোচকে ছপা মাধ্যমত নিজৰ কেৰিয়াৰ প্ৰতিষ্ঠা কৰিছিল, আৰু টেলিভিছন শ্ব’ৰ সমান্তৰালভাৱে তেওঁলোকে বাতৰি কাকতৰ বাবে সমালোচনা লিখিছিল। শৈক্ষিক চলচ্চিত্ৰ সমালোচনা অধিক সঘনাই চলচ্চিত্ৰ তত্ত্ব বা চলচ্চিত্ৰ অধ্যয়ন নামেৰে জনাজাত একাডেমিক সমালোচনাই সাংবাদিকতাৰ চলচ্চিত্ৰ পৰ্যালোচনাৰ বাহিৰেও চিনেমাক অন্বেষণ কৰে। এই চলচ্চিত্ৰ সমালোচকসকলে চলচ্চিত্ৰই কিয় কাম কৰে, নান্দনিক বা ৰাজনৈতিকভাৱে কেনেদৰে কাম কৰে, ইয়াৰ অৰ্থ কি, মানুহৰ ওপৰত কি প্ৰভাৱ পেলায়, সেই বিষয়ে পৰীক্ষা কৰিবলৈ চেষ্টা কৰে। গণ-বজাৰ প্ৰকাশনৰ বাবে লিখাতকৈ তেওঁলোকৰ প্ৰবন্ধসমূহ সাধাৰণতে বিদ্বান আলোচনী আৰু গ্ৰন্থসমূহত প্ৰকাশ কৰা হয় যিবোৰ বিশ্ববিদ্যালয়ৰ প্ৰেছৰ সৈতে জড়িত হোৱাৰ প্ৰৱণতা থাকে; বা কেতিয়াবা ঊৰ্ধ-বাণিজ্যিক আলোচনীত। চলচ্চিত্ৰৰ অধিকাংশ শৈক্ষিক সমালোচনাই প্ৰায়ে একেধৰণৰ শৈলী অনুসৰণ কৰে। সাধাৰণতে ইয়াত ছবিখনৰ কাহিনীভাগৰ সাৰাংশ অন্তৰ্ভুক্ত কৰা হয় যাতে কাহিনীভাগ পাঠকৰ আগত সতেজ হিচাপে প্ৰতিষ্ঠিত হয় আৰু ছবিখনৰ ধাৰাটোত পুনৰাবৃত্তিৰ ধাৰণা এটাক শক্তিশালী কৰা হয়। ইয়াৰ পিছত সাংস্কৃতিক প্ৰেক্ষাপট, প্ৰধান বিষয়বস্তু আৰু পুনৰাবৃত্তি, আৰু ছবিখনৰ উত্তৰাধিকাৰৰ বিষয়ে বিতংভাৱে আলোচনা হোৱাৰ প্ৰৱণতা দেখা যায়। শৈক্ষিক সমালোচনা সাধাৰণতে বিভক্ত কৰি বহুতো ভিন্ন শাখাৰ ৰূপত শিকোৱা হয় যিয়ে বিভিন্ন স্তৰত সমালোচনাৰ সৈতে মোকাবিলা কৰে। ইয়াৰ ভিতৰত থাকিব পাৰে: আনুষ্ঠানিকতাবাদ যিয়ে কামবোৰ কৰা ধৰণ আৰু সেইবোৰৰ ৰূপ বা আকৃতিৰ ৰূপ বিশ্লেষণ কৰে। গাঁথনিবাদ যিয়ে চিনেমাৰ ক্ৰমবিন্যাসৰ ধৰণ পৰীক্ষা কৰে, ইয়াৰ এটা নিবেদিত শৈলী আছে। ভাষা আৰু শিল্পই নিজেই অৰ্থ সৃষ্টি কৰিব পৰা ধৰণ। ঐতিহাসিক এনে এক প্ৰকাৰৰ সমালোচনা যিয়ে কোৱা প্ৰত্যক্ষ কথাবোৰক নাচায়, বৰঞ্চ এখন নিৰ্দিষ্ট ছবিৰ সংস্কৃতি আৰু আশে-পাশে থকা পৰিৱেশবোৰক চায়। ঐতিহাসিক সমালোচকে ছবিখনত স্পষ্টকৈ কোৱা বা দেখুওৱা নোহোৱা কিবা এটাৰ পৰা অৰ্থ সৃষ্টি কৰিব। মনোবিশ্লেষণ যিয়ে কোনো এখন ছবি পৰ্যবেক্ষণ কৰাৰ সময়ত অনুভৱ কৰিব পৰা অচেতনতাক ভাঙি পেলায়। ৰাজনৈতিক আৰু অৰ্থনৈতিক যিয়ে কেৱল অৰ্থনীতি আৰু ৰাজনীতিক ছবিখনৰ ভিতৰত পোনপটীয়াকৈ কেনেকৈ চিত্ৰিত কৰা হৈছে, সেইটোও চোৱাই নহয়, ই ছবিৰ সৃষ্টি, বিপণন, প্ৰদৰ্শন, বিক্ৰী আদিত কেনেদৰে প্ৰভাৱ পেলায় তাক চায়। সমালোচকৰ উপাৰ্জন ২০২১ চনলৈকে চলচ্চিত্ৰ সমালোচকসকলে বছৰি গড় দৰমহা ৬৩,৪৭৪ ডলাৰ লাভ কৰিছিল। ২০১৩ চনলৈকে আমেৰিকাৰ চলচ্চিত্ৰ সমালোচকসকলে বছৰি প্ৰায় ৮২,০০০ মাৰ্কিন ডলাৰ উপাৰ্জন কৰে।বাতৰি কাকত আৰু আলোচনীৰ সমালোচকসকলে ২৭,৩৬৪-৪৯,৫৭৪ ডলাৰ উপাৰ্জন কৰে। অনলাইন চলচ্চিত্ৰ সমালোচকসকলে প্ৰতিটো পৰ্যালোচনাত ২-২০০ ডলাৰ উপাৰ্জন কৰিব।টিভি সমালোচকসকলে প্ৰতিমাহে ৪০-৬০ হাজাৰ ডলাৰ পৰ্যন্ত উপাৰ্জন কৰে। লগতে চাওক চলচ্চিত্ৰ সমালোচকৰ তালিকা চলচ্চিত্ৰ আলোচনী আৰু আলোচনীৰ তালিকা শ্ৰেষ্ঠ বুলি বিবেচিত ছবিৰ তালিকা আটাইতকৈ বেয়া বুলি বিবেচিত ছবিৰ তালিকা ২০০৯ চনৰ এখন তথ্যচিত্ৰ তথ্য সূত্ৰ সমালোচনা সাহিত্য
85627
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A7%B1%E0%A7%87%E0%A6%B6%20%E0%A6%A8%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A6%AC%E0%A6%BE%E0%A6%A6
পৰিৱেশ নাৰীবাদ
পৰিৱেশ নাৰীবাদ হৈছে নাৰীবাদ আৰু ৰাজনৈতিক পৰিৱেশ বিজ্ঞানৰ এক শাখা। পৰিৱেশ নাৰীবাদী চিন্তাবিদসকলে মানুহ আৰু প্ৰাকৃতিক জগতৰ মাজৰ সম্পৰ্ক বিশ্লেষণ কৰিবলৈ লিংগৰ ধাৰণাটোৰ সহায় লয়। ফৰাচী লেখক ফ্ৰান্সোৱা ডি অ'বনে তেওঁৰ লে ফেমিনিছম অ' লা মৰ্ট (১৯৭৪) গ্ৰন্থত এই শব্দটো উদ্ভাৱন কৰিছিল। ইক'ফেমিনিষ্ট তত্ত্বই সেউজ ৰাজনীতিৰ নাৰীবাদী দৃষ্টিভংগীক দৃঢ়তাৰে প্ৰকাশ কৰে যিয়ে সমতাবাদী, সহযোগী সমাজৰ আহ্বান জনাইছে আৰু য'ত কোনো প্ৰভাৱশালী গোট নাথাকে।আজি পৰিৱেশ নাৰীবাদৰ কেইবাটাও শাখা আছে, য'ত বিভিন্ন ধৰণৰ দৃষ্টিভংগী আৰু বিশ্লেষণ বিদ্যমান, য'ত উদাৰ পৰিৱেশ নাৰীবাদ, আধ্যাত্মিক/সাংস্কৃতিক পৰিৱেশ নাৰীবাদ, আৰু সামাজিক/সমাজবাদী পৰিৱেশ নাৰীবাদ (বা বস্তুবাদী পৰিৱেশ নাৰীবাদ) আদি অন্তৰ্ভুক্ত। পৰিৱেশ নাৰীবাদৰ ব্যাখ্যা আৰু ইয়াৰ সামাজিক চিন্তাধাৰাৰ সম্ভাৱ্য প্ৰায়োগিক ক্ষেত্ৰখনত পৰিৱেশ নাৰীবাদ শিল্প, সামাজিক ন্যায় আৰু ৰাজনৈতিক দৰ্শন, ধৰ্ম, সমসাময়িক নাৰীবাদ, আৰু কবিতা আদি অন্তৰ্ভুক্ত। পৰিৱেশ নাৰীবাদৰ বিশ্লেষণে সংস্কৃতি, অৰ্থনীতি, ধৰ্ম, ৰাজনীতি, সাহিত্য আৰু আইকন'গ্ৰাফীত নাৰী আৰু প্ৰকৃতিৰ মাজৰ সংযোগ অন্বেষণ কৰে আৰু প্ৰকৃতিৰ অত্যাচাৰ তথা নাৰীৰ ওপৰত চলা অত্যাচাৰৰ মাজৰ সমান্তৰালতাক সম্বোধন কৰে। এই সমান্তৰালতাৰ ভিতৰত নাৰী আৰু প্ৰকৃতিক সম্পত্তি হিচাপে চোৱা, পুৰুষক সংস্কৃতিৰ পৰ্যবেক্ষক আৰু নাৰীক প্ৰকৃতিৰ পৰ্যবেক্ষক হিচাপে চোৱা, পুৰুষে কেনেকৈ নাৰীক আধিপত্য বিস্তাৰ কৰে আৰু মানুহে প্ৰকৃতিৰ ওপৰত আধিপত্য বিস্তাৰ কৰে আদি অন্তৰ্ভুক্ত যদিও কেৱল এইবোৰৰ মাজতে সীমাবদ্ধ নহয়। পৰিৱেশ নাৰীবাদে সজোৰে কয় যে নাৰী আৰু প্ৰকৃতি উভয়কে সন্মান কৰিব লাগিব। যদিও পৰিৱেশ নাৰীবাদীসকলে বিশ্লেষণৰ পৰিসৰ গতিশীল,আমেৰিকান লেখিকা আৰু পৰিৱেশ নাৰীবাদী চাৰ্লিন স্প্ৰেটনাকে পৰিৱেশ নাৰীবাদৰ কৰ্মক শ্ৰেণীভুক্ত কৰাৰ এটা উপায় আগবঢ়াইছে: ১) ৰাজনৈতিক তত্ত্বৰ লগতে ইতিহাসৰ অধ্যয়নৰ জৰিয়তে; ২) প্ৰকৃতিভিত্তিক ধৰ্মৰ বিশ্বাস আৰু অধ্যয়নৰ জৰিয়তে; ৩) পৰিৱেশবাদৰ জৰিয়তে। সাৰাংশ সমগ্ৰ বিশ্বৰ মহিলা কৰ্মী আৰু চিন্তাবিদসকলৰ পৰা বৈচিত্ৰ্যপূৰ্ণ পৰিৱেশ নাৰীবাদী দৃষ্টিভংগীৰ উন্মেষ ঘটিছে যদিও পৰিৱেশ নাৰীবাদৰ শৈক্ষিক অধ্যয়নত উত্তৰ আমেৰিকাৰ বিশ্ববিদ্যালয়সমূহে আধিপত্য বিস্তাৰ কৰিছে। এইদৰে ১৯৯৩ চনত "ইক'ফেমিনিজম: টুৱেৰ্ড গ্ল'বেল জাষ্টিচ এণ্ড প্লেনেটাৰী হেল্থ" শীৰ্ষক ৰচনাখনত লেখিকা গ্ৰেটা গাৰ্ড আৰু ল'ৰী গ্ৰুয়েনে "ইক'ফেমিনিষ্ট ফ্ৰেমৱৰ্ক" বুলি গণ্য কৰাৰ ৰূপৰেখা দাঙি ধৰিছে। ইক’ফেমিনিষ্ট সমালোচনাৰ তাত্ত্বিক দিশসমূহৰ ৰূপৰেখা দাঙি ধৰাৰ উপৰিও ৰচনাখনে বহুতো তথ্য আৰু পৰিসংখ্যা আগবঢ়াইছে। বৰ্ণনা কৰা কাঠামোটোৰ উদ্দেশ্য হৈছে আমাৰ বৰ্তমানৰ বিশ্বব্যাপী পৰিস্থিতিক চোৱা আৰু বুজাৰ উপায় স্থাপন কৰা যাতে আমি এইখিনিতে কেনেকৈ উপনীত হ’লোঁ আৰু অসুস্থতাসমূহৰ সমাধানৰ বাবে কি কৰা হ’ব পাৰে সেই বিষয়ে ভালদৰে বুজিব পাৰোঁ। উত্তৰ আমেৰিকাৰ পণ্ডিত ৰোজমেৰী ৰুথাৰ আৰু কেৰলিন মাৰ্চেণ্টৰ কামৰ ওপৰত নিৰ্ভৰ কৰি গাৰ্ড আৰু গ্ৰুয়েনে যুক্তি আগবঢ়ায় যে এই কাঠামোৰ চাৰিটা পক্ষ আছে: বৈজ্ঞানিক বিপ্লৱৰ ফলত সৃষ্টি হোৱা বিশ্বব্ৰহ্মাণ্ডৰ যান্ত্ৰিক বস্তুবাদী আৰ্হি আৰু পৰৱৰ্তী সময়ত সকলো বস্তুকে অনুকূল কৰিবলৈ কেৱল সম্পদলৈ হ্ৰাস কৰা, আৰু মৃত নিষ্ক্ৰিয় পদাৰ্থক ব্যৱহাৰিতালৈ পৰিৱৰ্তন কৰা। পিতৃতান্ত্ৰিক ধৰ্মৰ উত্থান আৰু ইয়াৰ লিংগ স্তৰ স্থাপনৰ লগতে অন্তৰ্নিহিত দেৱত্বক অস্বীকাৰ কৰা। আত্ম আৰু অন্যান্য দ্বৈতবাদ আৰু ইয়াৰ লগত জড়িত অন্তৰ্নিহিত ক্ষমতা আৰু আধিপত্য নৈতিকতা। পুঁজিবাদ আৰু ইয়াৰ দাবী কৰা অভ্যন্তৰীণ প্ৰয়োজনীয়তাই ধন-সম্পত্তি সৃষ্টিৰ একমাত্ৰ উদ্দেশ্যেৰে জীৱ-জন্তু, পৃথিৱী আৰু মানুহৰ শোষণ, ধ্বংস আৰু যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা। তেওঁলোকৰ মতে এই চাৰিটা কাৰকে আমাক পৰিৱেশ নাৰীবাদীসকলে ঠাৱৰ কৰা "প্ৰকৃতি আৰু সংস্কৃতিৰ মাজৰ পৃথক্কৰণ" বুলি ভবা পৰ্যায়টোলৈ লৈ গৈছে যি তেওঁলোকৰ বাবে আমাৰ গ্ৰহীয় ৰোগৰ মূল উৎস। লিংগভিত্তিক প্ৰকৃতি পৰিৱেশ নাৰীবাদী তত্ত্বই দৃঢ়তাৰে কয় যে পুঁজিবাদে কেৱল পিতৃতান্ত্ৰিক আৰু পিতৃতান্ত্ৰিক মূল্যবোধহে প্ৰতিফলিত কৰে। এই ধাৰণাটোৱে বুজায় যে পুঁজিবাদৰ প্ৰভাৱে নাৰীক উপকৃত কৰা নাই আৰু ইয়াৰ ফলত প্ৰকৃতি আৰু সংস্কৃতিৰ মাজত ক্ষতিকাৰক বিভাজন ঘটিছে। ১৯৭০ চনত আদিম পৰিৱেশ নাৰীবাদীসকলে আলোচনা কৰিছিল যে প্ৰকৃতিৰ প্ৰক্ৰিয়াৰ লালন-পালন আৰু সামগ্ৰিক জ্ঞানৰ নাৰীসুলভ প্ৰবৃত্তিৰ দ্বাৰাহে বিভাজন সুস্থ হ’ব পাৰে। তেতিয়াৰ পৰাই কেইবাজনো পৰিৱেশ নাৰীবাদী পণ্ডিতে এই কথা কৈছে যে "নাৰী" হোৱাৰ বাবেই তেওঁলোকৰ লগত প্ৰকৃতিৰ সম্পৰ্ক সৃষ্টি হোৱা নাই, বৰঞ্চ সমসাময়িক পুৰুষ-প্ৰধান শক্তিৰ দ্বাৰা তেওঁলোক একেধৰণৰ অত্যাচাৰৰ সন্মুখীন হোৱাৰ বাবে এনে ঘটনা ঘটিছে। প্ৰকৃতিক বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা লিংগভিত্তিক ভাষা, যেনে: "মাতৃ পৃথিৱী" বা "মাতৃ প্ৰকৃতি" আৰু নাৰীক অৱমাননামূলক শব্দৰে বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা প্ৰাণীকৃত ভাষাত প্ৰান্তীয়কৰণ স্পষ্ট। নতুবা পৰিৱেশ নাৰীবাদৰ কৰ্মী বন্দনা শিৱাই লিখিছে যে নাৰীৰ দৈনন্দিন কাম-কাজ আৰু আন্ত:প্ৰক্ৰিয়াৰ জৰিয়তে পৰিৱেশৰ সৈতে এক বিশেষ সংযোগ সাধন হৈছে যদিও এই সংযোগক তুচ্ছজ্ঞান কৰা হৈছে। শিৱাৰ মতে, জীৱিকা অৰ্থনীতিৰ মহিলা "প্ৰকৃতিৰ সৈতে অংশীদাৰিত্বৰে সম্পদ, প্ৰকৃতিৰ প্ৰক্ৰিয়াৰ সামগ্ৰিক আৰু পৰিৱেশগত জ্ঞানৰ ভিত্তিত স্বঅধিকাৰৰ বিশেষজ্ঞ" হৈ আহিছে। তথ্যসূত্ৰ নাৰীবাদী তত্ত্ব নাৰীবাদ
34629
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%B9%E0%A7%B0%E0%A6%AE
মহৰম
মহৰম একেশ্বৰবাদী মুছলমান লোকসকলৰ এটি পৱিত্ৰ পৰ্ব যিটো মুহৰৰম ইছলামিক বৰ্ষপঞ্জিৰ প্ৰথম মাহত পালন কৰা হয়। ই যদিও ছিয়া মুছলমানসকলৰহে পৱিত্ৰ পৰ্ব তথাপিও ইয়াৰ অন্তৰ্নিহিতভাব আৰু অনুভূতিয়ে ইয়াক মুছলমানসকলৰ সৰ্বজনীন পৰ্বত পৰিণত কৰিছে। মহৰম জীৱনদান আৰু আত্মত্যাগৰ এক মহান স্মৃতিপৰ্ব। মুছলমানসকলৰ তীব্ৰ বেদনাৰ স্মৃতি-বিজড়িত মহৰম মাহ অতি পৱিত্ৰ মাহ। এই মাহতেই মহাপুৰুষ হজৰত মহম্মদৰ আবিৰ্ভাৱ হৈছিল। মুছলমানসকলৰ বিশ্বাস যে এই মাহতে সৃষ্টিকৰ্তা ভগৱানে পৃথিৱী সৃষ্টি কৰিছিল। ধৰ্ম্ম প্ৰাণ হোছেনেও এই মাহতেই কাৰাবালা মৰুপ্ৰান্তত অতিশয় কৰুণভাৱে সপৰিয়ালে মৃত্যুবৰণ কৰিছিল; বছৰৰো আদি মাহ মহৰম। মহৰমৰ ইতিহাস মহৰম মুছলমানসকলৰ এটা মহান আৰু পৱিত্ৰ স্মৃতি-পৰ্ব, ই আচলতে ছিয়া সম্প্ৰদায় মুছলমানসকলৰ পৰ্ব যদিও ইয়াৰ বিষাদময়, কৰুণ স্মৃতিয়ে সকলো মুছলমানৰেই সৰ্বজনীন পৰ্বত পৰিণত হৈছে। ‘মহৰম’ মুছলমানৰ এটা মাহৰ নাম। এই মহৰম মাহতেই এই পৰ্ব পালন কৰা হয়; সেইবাবে এই পৰ্বটো মহৰম নামেৰে জনাজাত। ইছলাম ধৰ্ম-প্ৰৱৰ্তক হজৰত মহম্মদৰ নাতি হাচান আৰু হোচেনৰ হিয়া বিদাৰক, মৰ্মন্তুদ মৃত্যুৰ স্মৃতি উপলক্ষে এই পৰ্ব অনুষ্ঠিত হয়। মহৰম পৰ্বৰ লগত জড়িত শোকাৰ্ত আৰু সকৰুণ কাহিনীটো এনে ধৰণৰ হজৰত মহম্মদৰ কনিষ্ঠা কন্যা ফাতেমাকহজৰত আলিলৈ বিয়া দিছিল। তেওঁলোকৰ দুটি পুত্ৰ সন্তান হয়; ডাঙৰজনৰ নাম হাচান আৰু সৰুজনৰ নাম হোচেন। হজৰত আলি মদিনাৰ খলিফা আছিল। খলিফা মানে ইছলাম ধৰ্ম-জগতৰ সৰ্বোচ্চ পদ। ইফালে চিৰিয়াৰ শাসনকৰ্তা মাৰিয়াই হজৰত আলি খলিফা পদত অধিষ্ঠিত হোৱা কাৰণে ভীষণ ঈৰ্ষাপৰায়ণ হৈ বিদ্ৰোহ ঘোষণা কৰে; কিন্তু হজৰত আলি ৰাজধানী কুফা নগৰলৈ যাওঁতে বাটতে গুপ্তঘাতকৰ হাতত মৃত্যুৰ মুখত পৰে। গতিকে কুফাবাসীসকলে হজৰত আলিৰ জ্যেষ্ঠ পুত্ৰ ধৰ্মপ্ৰাণ ইমাম হাচানক মদিনাৰ খলিফা পদত অধিষ্ঠিত কৰে। কিন্তু কুটিল হিংস্ৰ প্ৰকৃতিৰ মাৱিয়াই মদিনাৰ খলিফাপদ লাভ কৰিব নোৱাৰি ঈৰ্ষানলত জ্বলি-পুৰি হাচানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। মাবিয়াৰ দুৰ্দান্ত, নিষ্ঠুৰ আৰু হিংস্ৰ প্ৰকৃতিৰ সৈন্যবিলাকৰ দৌৰাত্মত হাচানৰ ধৰ্মপ্ৰাণ, সৰল সৈন্যবোৰ অস্থিৰ হৈ পৰে। গতিকে বাধ্য হৈ হাচানে মাৰিয়াৰ লগত সন্ধিৰ প্ৰস্তাৰ কৰে। সন্ধিৰ চৰ্ত এনেদৰে হয় যে হাচানে খলিফা পদ ত্যাগ কৰিব আৰু মাৱিয়া খলিফা হব; কিন্তু মাৱিয়াৰ মৃত্যুৰ পাছত হাচানৰ সৰু ভায়েক হোচেনেহে খলিফা পদ লাভ কৰিব। ইফালে মাৱিয়াৰ চৰিত্ৰহীন, লম্পট, মহাঅত্যাচাৰী, ধৰ্মহীন পুত্ৰ এজিদে এই চৰ্তত মান্তিহব নোৱাৰিলে। এজিদৰ কুমন্ত্ৰণাতেই ইমাম হাচানক গোপনে বিহ খুৱাই বধ কৰালে আনফালে সন্ধিৰ চৰ্তমতে মাৱিয়াই মৃত্যুৰ সময়ত হোচেনক খলিফা পদত অধিষ্ঠিত নকৰি নিজ পুত্ৰ দুৰাচাৰ এজিদকহে অধিষ্ঠিত কৰি থৈ যায়। ফলত মক্কা, মদিনা আৰু কুফাৰ অধিবাসীসকলে মদপী, অত্যাচাৰী আৰু বিশ্বাসঘাতক এজিদ খলিফা হোৱাত সন্তুষ্ট হব নোৱাৰিলে। কাৰণ এজিদ চৰিত্ৰহীন, তদুপৰি খলিফা পদটো উত্তৰাধিকাৰী সূত্ৰে পাব নোৱাৰে; সৰ্বসাধাৰণে নিৰ্বাচিত কৰিব লাগে। গতিকে এজিদৰ লগত হোচেনৰ তীব্ৰ বিৰোধৰ সৃষ্টি হয়। ইপিনে দুৰ্দান্ত, হিংস্ৰ আৰু নৃশংস এজিদৰ অত্যাচাৰত অতিষ্ঠ হৈ এজিদৰপৰা মুক্তি লাভৰ কাৰণে কুফাৰ অধিবাসীসকলে হোচেনৰ সাহায্য বিচাৰিলে। হোচেনেও কুফাবাসীৰ সাহায্যত এজিদক পৰাভূত কৰাৰ মানসেৰে কিছু সৈন্য-সামন্ত লৈ ল’ৰা-তিৰোতা আদিৰে সৈতে সপৰিয়ালে কুফালৈ যাত্ৰা কৰিলে; কিন্তু তেওঁ আৰু কুফাত উপস্থিত হ’ব নোৱাৰিলে। তেওঁলোকে ইউফ্ৰেটিছ নৈৰ পশ্চিম-পাৰৰ কাৰবালা মৰু-প্ৰান্তৰত উপস্থিত হোৱাৰ লগে লগে কুফা নগৰত থকা এজিদৰ গৱৰ্ণৰ নৰ-পিশাচ ওবায়দুল্লাই কাৰবালা প্ৰান্তৰত সৈন্য-সমাৱেশ কৰি ইউফ্ৰেটিছ নৈৰ পাৰত তেওঁলোকক অৱৰুদ্ধ কৰিলে। এফালেপৰিশ্ৰমৰ ক্লান্তি, আনফালে ভোক-পিয়াহতআতুব; তদুপৰি হোচেনৰ পৰিয়ালবৰ্গ আৰু সৈন্য-সামন্তৰ মাজত পানীৰ কাৰণে হাহাকাৰ লাগিল। কাষতে ইউফ্ৰেটিছ নৈ জলৰাশিৰে পৰিপূৰ্ণ; অথচ এটোপা পানী পোৱাৰ উপায় নাই। বহুতে তৃষ্ণাত প্ৰাণ এৰিলে। উপায়হীন হৈ হচেনৰ নিচেই তাকৰীয়া সৈন্যই এজিদৰ বিপুল বাহিনীৰ লগত খুঁজি ছহিদ হবলৈ ধৰিলে। হোচেনৰ পিয়াহ খোৱা কেঁচুৱা পুতেক আলি আছগৰে মাকৰ বুকুত গাখীৰ নাপাই তৃষ্ণাত আতুৰ হল। কোনো উপায় নেদেখি হোচেনে মুমূৰ্ষু কেঁচুৱাটোক কোলাত লৈ নিজৰ তিতা জিভাখন কেঁচুৱাৰ মুখত দি শত্ৰু সৈন্যৰ মুৰ দুৱাৰ মুখত থিয় হৈ এটোপা পানী খুজিলে। কিন্তু এজন হিংস্ৰ প্ৰকৃতিৰ, নিৰ্মম শত্ৰু-সৈন্যই পানী দিলে—পিতৃৰ কোলাত পিয়াহত আতুৰ হৈ থকা পুত্ৰক এপাট শৰেৰে হত্যা কৰি। সপোন নে দিঠক হোচেনে ধৰিব নোৱাৰি থৰক বৰককৈ কঁপা হাতেৰে মৃত পুত্ৰৰ ৰক্তাক্ত দেহাটি মাকৰ কোলাত তুলি দিলে। কি হিয়া বিদাৰক, কি মৰ্মন্তুদ সেই দৃশ্য! আনফালে এজিদৰ নৰ-পিশাচ সৈন্যবোৰে পৈশাচিক আনন্দত উন্মত্ত হৈ দানবীয় নৃত্যত মগুল। হোচেনে অশ্ৰুসিক্ত নয়নেৰে আত্মীয়-স্বজন, বন্ধুবান্ধৱসকলৰ মৃত্যু-যন্ত্ৰণা চাই চাই তেওঁলোকৰ আত্মাৰ সৰ্গতিৰ কাৰণে আল্লাৰ ওচৰত প্ৰাৰ্থনা জনালে। নিজস্ব ৰুগ্ন পুতেক এটা, ছোৱালী এজনী, শোকাতুৰা ঘৈণীয়েক আৰু আধা মৰা হৈ জীয়াই থকা আন আন বন্ধুবান্ধৱসকলক খোদাৰ ওচৰতগতাই দিলে; এনেতেশত্ৰুসৈন্য আহি হোচেনৰ শিৰশ্ছেদ কৰি মূৰটো যাঠিত বিন্ধাই লৈ যায় আৰু পৰিয়ালৰ বাচি থকা কেইজনক বন্দী কৰি এজিদৰ ওচৰলৈ পঠিয়াই দি এজিদ খলিফা পদ নিষ্কণ্টক কৰিলে। মুছলমানী মাহ মহৰমৰ দহ তাৰিখে কাৰবালাৰ বুকুত এই ঘটনা ঘটিছিল। সেয়েহে প্ৰতি বছৰে এই তিথি অনুসৰি মুছলমানসকলে বিশ্ব ইতিহাসৰ এই কৰুণতম মৰ্মস্পৰ্শী কাহিনীটো স্মৰণ কৰি এই পৰ্বৰ অনুষ্ঠান কৰে। ধৰ্মপ্ৰাণ মুছলমানসকলে এই তিথিৰ দিনা দিনত একোকে নাখায়। কোৰান আৰু নামাজ পঢ়ি কাৰবালাৰ ছহিদসকলৰ আত্মাৰ গতিৰ কাৰণে আল্লাৰ ওচৰত প্ৰাৰ্থনা জনায়। ছিয়া সম্প্ৰদায়ৰ মুছলমানসকলে সেই দিনা কবৰৰ আকৃতিত কাগজ আদিবে ৰং-বেৰঙৰ তাজিয়া সাজি ‘হায় হোচেন, হায় হোচেন’ বুলি বুকুত চপৰিয়াই চপৰিয়াই শোকৰ গীত গাই বিলাপ কৰে। কাৰবালাৰ যুদ্ধৰ অনুকৰণত লাঠি, তৰোৱাল আদিৰে যুদ্ধাভিনয় দেখুৱাই সমদল উলিয়ায় মহৰম পৰ্ব জগৎবাসীৰ আগত হোচেনৰ ন্যায়, সত্য আৰু ধৰ্মৰ কাৰণে আত্মত্যাগৰ এক মহান আদৰ্শ সমগ্ৰ মানৱ জাতিয়ে হোচেনৰ এই মহান আদৰ্শদ্বাৰা অনুপ্ৰাণিত হৈ পৃথিৱীৰ কলুষকালিমা,জ্বালা-যন্ত্ৰণা আঁতৰাই সত্য আৰু ধৰ্মৰ কাৰণে আত্মত্যাগ কৰিলেহে কাৰবালাৰ ছহিকলৰ আত্মাই তৃপ্তি পাব। চিত্ৰবিথিকা তথ্য সংগ্ৰহ উৎসৱ ইছলাম
3766
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%A1%E0%A6%BC%E0%A7%8B%20%E0%A6%9C%E0%A6%A8%E0%A6%97%E0%A7%8B%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A7%80
বড়ো জনগোষ্ঠী
বড়ো জনগোষ্ঠী হৈছে অসমৰ ভৈয়ামৰ চীনা তিব্বতীয় জনগোষ্ঠী। অসমৰ ভৈয়ামত বাস কৰা জনগোষ্ঠীসকলৰ ভিতৰত এওঁলোক সংখ্যাগৰিষ্ঠ। বড়ো সকলৰ মাতৃভাষা বড়ো ভাষা। বড়োসকল বৃহৎ মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত। প্ৰাচীন কালৰ হিমালয়ৰ উত্তৰে আৰু চীনৰ পশ্চিমে অৱস্থিত "বড" দেশৰ বাসিন্দাসকলৰ এই জনগোষ্ঠীটো খ্ৰীঃপূঃ প্ৰায় ১৫ শ শতিকা মানতেই সমগ্ৰ পূব ভাৰতত বিয়পি পৰে। মহাভাৰতত উল্লেখ কৰা কিৰাতসকলেই পূব ভাৰতৰ বড়োসকল। প্ৰাচীন কালত এই মূল "বড" দেশৰ বাসিন্দাসকলক "বডো-ফিচা" বা "বডোচা" ("বডো" মানে ভূমি আৰু "ফিচা" বা "চা" মানে সন্তান অৰ্থাৎ বড দেশৰ সন্তান) বুলি জনা গৈছিল আৰু সময়ৰ সোঁতত বড বা বড়ো হিচাপে জনাজাত হয়। অসমৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাত বড়োসকলৰ মূল বসতি। ইয়াৰোপৰি কাৰ্বি আংলং গোৱালপাৰা, কামৰূপ, নলবাৰী, শোণিতপুৰ, ঢেকীয়াজুলি, মংগলদৈ, বিশ্বনাথ চাৰিআলি আদি প্ৰায় সমূহ জিলাতে বড়ো লোক দেখা পোৱা যায়। এক সময়ত গোটেই গুৱাহাটী অঞ্চলেই বড়ো লোকেৰে ভৰি আছিল। তদুপৰি পশ্চিমবঙ্গ, মেঘালয়, নাগালেণ্ড, অৰুণাচল আনকি ভূটান-নেপালতো বড়ো জনগোষ্ঠী পোৱা যায়। সমাজ ব্যৱস্থা বড়োসকল মংগোলীয় নৃগোষ্ঠীৰ তিব্বত-বৰ্মীয় ভাষা-ভাষী লোক। এওঁলোক ঘাইকৈ শৈৱ পন্থাৰ লগত জড়িত বাথৌ পন্থীয় লোক যদিও তেওঁলোকৰ মাজত কিছুসংখ্যক সনাতন, বৈষ্ণৱ আদি বিভিন্ন ধাৰা আৰু খ্ৰীষ্ট ধৰ্মীয় লোকো নথকা নহয়। তেওঁলোকৰ সমাজ ব্যৱস্থা পিতৃতান্ত্ৰিক যদিও মাতৃতান্ত্ৰিক (মাহাৰী) সমাজ ব্যৱস্থাও কিছুমান সামাজিক অনুষ্ঠানত পৰিলক্ষিত হয়। বিয়াৰ পাছত কইনাই দৰাৰ ঘৰত বাস কৰে আৰু সতি সন্ততিয়ে দেউতাকৰ উপাধি গ্ৰহণ কৰে। অৱশ্যে অন্য জনজাতীয় সমাজত প্ৰচলিত নথকা সগোত্ৰীয় বিবাহ বড়োৰ মাজত প্ৰচলন আছে। বড়োসকলে সমাজ পাতি বাস কৰে। তেওঁলোকে পৰম্পৰাগতভাৱে পাঁচোটা সমাজ বান্ধোনেৰে, অৰ্থাৎ অগৰবাদ, ফংছথবাদ, দাওখিবাদ, খাওঁয়ালিবাদ আৰু খৌলৌবৌদবাদ এই 'আচাৰবা'ৰে সমাজ পৰিচালনা কৰে। জীৱন-নিৰ্বাহৰ প্ৰণালী বড়োসকলৰ মাজত চাংঘৰ, ঝুমখেতি আদিৰ প্ৰচলন নাই। তেওঁলোকে ঘৰ-বাৰী মুকলিমূৰীয়াকৈ সোঁমাজত এখন চোতাল ৰাখি চাৰিওফালে সাজে। চোতালখনৰ উত্তৰ-পূৱ চুকত সিজু গছ এজুপি ৰুই তাত পাঁচোটা বাঁহৰ টাটী-চকোৱাৰে ঘেৰি 'বাথৌশালী' প্ৰতিষ্ঠা কৰা থাকে। আদৰ্শ বড়ো বৰঘৰৰ (নেমানো) কুঠৰি তিনিটা: ইছিং, ওখং আৰু খফ্ৰা। বড়ো তিৰোতাসকলৰ প্ৰত্যেকেই একোগৰাকী পাকৈত দাৱনী, ৰোৱনী, মাছুৱৈ আৰু ৰান্ধনী। এড়ী পালন আৰু এড়ী সূতা কটাতো বড়ো নাৰী অতিশয় সুদক্ষ। কাপোৰ বব নজনা 'আলুৰি' ছোৱালী বিয়াৰ বজাৰত মূল্যহীন। তেওঁলোক ভাল শিপিণী আৰু নাচনীও। বড়োসকল প্ৰধানতঃ কৃষিজীৱী। বড়োসকলকে দোং খান্দি পথাৰত আলি বান্ধি কৰা শালিখেতিৰ প্ৰৱৰ্তক বুলি কোৱা হয়। কৃষিৰ লগত জড়িত নানান ধৰণৰ লোকাচাৰ, যেনে: ন-আগ অনা, ন-গছা দিয়া, ন-ভাত খোৱা, কাতি গাছআ ছাওনায় (কঙালী বিহুত ঔখোলেৰে পথাৰত বন্তি জ্বলোৱা), শইচ চপোৱা আৰু মাঘবিহুত বেলাগুৰ (মেজি)খোৱা, ব'হাগ বিহুত গৰুক গা ধুওৱা আদিৰ উদ্ভাৱক এওঁলোকেই বুলি পণ্ডিতসকলৰ ধাৰণা। খাদ্যাভাষ ৰন্ধন কলাতো বড়োসকল অতি নিপুণ। এওঁলোকৰ প্ৰধান খাদ্য হ'ল ভাত। পচলা, ঢেঁকীয়া, কচুথোৰ, লফা, বাঁহগাজ, খৰিচা আদি ব্যঞ্জন মংগোলীয় সংস্কৃতিৰ দান। শুকান মাছ (নাফাম), শুকান মাংস, শোকোতা আদি তেওঁলোকৰ উদ্ভাৱন। জুমায়, জৌফিথিখা আদি বিভিন্ন প্ৰকাৰৰ লাওপানী, কোমল চাউল, ভাপপিঠা, চুঙাপিঠা, টোপোলা পিঠা, খাৰলি-কাঁহুদি আদি ৰুচিকৰ খাদ্য প্ৰস্তুত কৰাত তেওঁলোক সিদ্ধহস্ত। সাজপাৰ বড়ো তিৰোতাই বুকুত দখনা (মেঠনি) মাৰি বা মেখেলা-চাদৰ পিন্ধি, গাত ৰা লৈ ঘিলাখোপা বান্ধি, খোপাত একোটাকৈ কাকৈ গুজি লৈ সাজি-কাচি ভাল পায়। তেওঁলোকৰ মাজত প্ৰিয়জনৰ লগত ঘৰ সংসাৰ কৰিব নোৱাৰাৰ দুখত দিয়া 'হাংমা-হাংছানি ফালি' নামৰ ৰুমালৰ ব্যৱহাৰ অতিশয় চিত্তাকৰ্ষক। আনহাতে বড়ো পুৰুষৰ সাজ-পাৰ অতি সাধাৰণ বিধৰ। কঁকালত আঁঠুূুমূৰীয়া বা আঁঠুচেৰা ফখৰা-চিতৰা চা (চুৰিয়া), গাত লা (চোলা) আৰি ডিঙিত ফুলাম ফালি (আৰ'নাই)-এই তিনিবিধেই বড়ো পুৰুষৰ উমৈহতীয়া সাজপাৰ। সামাজিক আচাৰ-অনুষ্ঠান বড়োসকলৰ জন্ম, বিবাহ আৰু মৃত্যুৰ লগত জড়িত বিভিন্ন আচাৰ-অনুষ্ঠান আছে। তাৰ ভিতৰত সন্তানৰ নাই এঁৱাসূতাৰে বান্ধি বাঁহৰ চেঁচুৰে কটা, নাই কটাৰ পাছত শান্তি পানী ছটিয়াই প্ৰায়শ্চিত কৰা (জাতত তোলা),এবছৰৰ ভিতৰত ধাইক মান ধৰা, পাঁচ বছৰত মোমায়েকৰ দ্বাৰা চূড়াকৰণ কৰা পৰ্ব আদি উল্লেখযোগ্য। আদিম ধৰ্মী বড়োসকলে 'হাথাছুনি' প্ৰথাৰে আৰু ব্ৰহ্ম ধৰমীয় বড়োসকলে হিন্দুৰ বৈদিক প্ৰথাৰে (বড়ো ভাষাৰ মন্ত্ৰৰে) বিয়া বাৰু কৰে। বড়ো সমাজত প্ৰচলিত বিয়া ছয় প্ৰকাৰৰ: হাবা গৌলাও (চাই মেলি কৰা) থাৰছননায় (ঘৰ সোমোৱা) গৌৰজিয়া লাখিনায় (ঘৰ জোঁৱাই ৰখা) দংখা হাবনায় (ঢোকা ৰখা) বৌনানৈ হাৱা খালামনায় (জোৰ পূৰ্বক হৰণ) দৌনখাৰ লাংনায় (পলুৱাই নিয়া) বড়োৰ হাথাছুনি প্ৰথা ৰাইজে স্বামী-স্ত্ৰী হিচাপে স্বীকৃতি দিয়া পৰ্ববিশেষ। সকলো প্ৰকাৰৰ বিয়াতে ভোজন পৰ্বৰ সময়ত এই নিয়ম পালন কৰিবলগীয়া হয়। বড়োৰ বিয়াৰ বাবে দুগৰাকী বৈৰাথী (ব্ৰতী) আৰু দুগৰাকী আয়থা (আয়তী) আৰু এজন বা দুজন ফা (ভাৰী) অতি আৱশ্যক। বিয়াৰ জোৰণ দিয়া, অভ্যাগতক মান ধৰা,নানা ধৰণৰ মাংগলিক কাৰ্যত সহায় কৰা আৰু নৃত্য-গীতৰ মাজেদি গোটেই অনুষ্ঠানটোকে সতেজ কৰি ৰখাত এওঁলোকৰ ভূমিকা আছে। ফাই বোকোচাত মাটিৰ চপৰা বান্ধি নাচি নাচি দৰাক আগবঢ়াই নিয়া দৃশ্য অতি অপূৰ্ব আৰু তাৎপৰ্যপূৰ্ণ। বড়োসকলৰ মাজত মৃত্যুৰ লগত জড়িত বিভিন্ন লোকাচাৰ আৰু লোকবিশ্বাস আছে। মৰাশ সৎকাৰ কৰাৰ পাছত শৱযাত্ৰীক গোবৰ-পানীৰে শুচি কৰা আৰু শোকোতা চোবাই মৃতকৰ সৈতে সকলো পাৰ্থিৱ সম্বন্ধ ছেদ কৰাৰ বিধান আছে। মৃত্যুৰ দহ দিনৰ দিনাখন 'দহা নায়' (দহা পেলোৱা) পৰ্ব আৰু বাৰ দিনত শ্ৰাদ্ধ পাতে। লোকবিশ্বাস বড়োসকলৰ মাজত তন্ত্ৰ-মন্ত্ৰ, ভেল্কি বাজি, ডাকিনী-যোগিনী (ডায়না), বীৰা-ভূত-প্ৰেতৰ বিশ্বাস অতি প্ৰবল। আনকি মন্ত্ৰৰ দ্বাৰা ভালুকৰ সৈতে সখী পতা, বীৰা পোহা আৰু মেলি দিয়া আদি কাৰ্যও কৰিব পাৰে বুলি এওঁলোকৰ মাজত বিশ্বাস প্ৰচলিত; কিন্তু আজিকালি এনে অন্ধবিস্বাশ নাইয়ে বুলিব পাৰি। বড়োসকলৰ মাজত প্ৰচলিত ছুথি দায়নায় (নজৰ কাটা), খুগা দায়নায় (মুখ ভঙা), সময় (শপত খোৱা),শপত মোচন, বধ শপত দিয়া, বৰ লোৱা প্ৰথাত কিছু স্বকীয়তা থাকিলেও অন্যান্য সমাজৰ সৈতে প্ৰায় একেই। লোকগীত-নৃত্য আৰু লোকসাহিত্য খাম-ছিফুং-জথা-ছেৰজা এই চাৰিবিধ লোকবাদ্য বিভিন্ন উৎসৱত অপৰিহাৰ্য। বাগুৰুম্বা, বৈছাগু মৈছানায় আদি বসন্তকালীন মন উৰুঙা কৰা নৃত্য-গীতৰ লগতে জাৰআফাগ্লা, থেন্থামালি, খফ্ৰিমৌছানায় (জাপি নৃত্য), ৰৌনচণ্ডী আদি ধৰ্মীয় নৃত্য-গীত আৰু দাওহা (যুদ্ধ),না (মাছমৰা)আদি বিভিন্ন শ্ৰমবিষয়ক নৃত্য-গীত বড়ো সমাজত বিদ্যমান। ৰাওনা-ৰাওনী, ছন্দ্ৰমালি-খৌথিয়া বুদাং, আছাগি বৈছাগি, জাৰা ফাগ্লা আদি সাধুকথা; কছিৰাম-জৌহৌলাও, জাওলিয়াছৌন দেওৱান আদি কাহিনী গীত আৰু হাবা মেথায় (বিহু গীত) আদি নানা প্ৰকাৰৰ লোকগীত, মন্ত্ৰ-স্তোত্ৰ, ফঁকৰা-যোজনা, প্ৰৱচন ইত্যাদিৰে এওঁলোকৰ লোকসাহিত্য উভৈনদী। উৎসৱ অসমৰ অন্যান্য জনগোষ্ঠীৰ দৰে বড়ো সকলেও প্ৰজনন আৰু উৰ্বৰাৰ প্ৰতীকৰূপত খেৰাই উৎসৱ পালন কৰে। এই খেৰাই উৎসৱ বহাগ বিহুৰ দৰে বসন্তকালীন উৎসৱ। এই উৎসৱৰ লগত জড়িত খেৰাই নৃত্য এক ঋতুধৰ্মী নৃত্য। সিজু গছক বাথৌ দেৱতা হিচাপে গণ্য কৰি বড়োসকলে পৰম্পৰাগতভাৱে এই পূজা পাতে। খেৰাইৰ বুৎপত্তিগত অৰ্থ এচাম পণ্ডিতে এইদৰে দিছে, খেৰাই হ’ল খাৰ+আই, অৰ্থাৎ খাৰ মানে হ’ল দৌৰা বা গতি কৰা আৰু আই মানে গোঁসানী। আইমাতৃক সন্তুষ্ট কৰিবৰ বাবে কৰা নৃত্যই হ’ল খেৰাই নৃত্য। কোনো কোনোৰ মতে খ-ৰ অৰ্থ হ’ল আঁঠু কঢ়া, ৰা-মানে সম্বোধন কৰা আৰু ই-ৰ অৰ্থ হ’ল ঈশ্বৰৰ উদ্দেশ্যে কৰা নৃত্য। বাথৌ দেৱতাৰ সমুখত বিভিন্ন উপাচাৰ, বলিৰ জীৱ-জন্তু, পশু-পক্ষী থৈ দেওধনীয়ে পূবফালে মুখ কৰি গমাৰি কাঠৰ পীৰাত বহে। ওজাই পিছত বহি আঁঠুলৈ মন্ত্ৰ মাতে। ওজাৰ পিছত বুঢ়া-মেথাসকল বহে। দেউৰীয়ে দেওধনীৰ বাওপিনে কিছু আঁতৰত বহে। সেইসময়তে খেৰাই নৃত্য চলি থাকে। পূজা শেষ হৈ যোৱাৰ পিছতো নৃত্য চলি থাকে। খাম, চিফুং, ৰিঙি, ৰামতাল, ওৱা, খোৱাং, বংগনা আদি এই নৃত্যত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰ। বড়োসকলে বছৰেকত সমজুৱাকৈ এবাৰ জা, এবাৰ খেৰাই (বাথৌ) আৰু সময় সুবিধা অনুযায়ী ব্যাক্তিগত্ভাৱে মায়নাওব্ৰী (লক্ষ্মী), বুৰ্ল্লিব্ৰী (কামাখ্যা), মাৰাই (মনসা)ৰ উদ্দেশ্যে বিশেষ ৰীতি-নীতি আৰু বলি-বাহনেৰে পূজা দিয়ে। খেৰাই উৎসৱ অতি জাক-জমকতাৰে যাপন কৰে। আমথিচুৱা (অম্বুবাচী), কাতিগাছা (কাতিবিহু), দোমাছি (ভোগালী বিহু), লহাবা (পুতলী বিয়া), বৈছাগু বা বাইছাগু (ব'হাগ বিহু) আদিৰো বড়ো সমাজত প্ৰচলন আছে। উৎসৱ-পাৰ্বণত পুৰুষৰ লগতে বড়ো লা (গাভৰু), আয়থা (আয়তী), বৈৰাথী (নামতী) আৰু বয়োবৃদ্ধা লোকৰ বিশেষ ভূমিকা আছে। খেৰাই পূজাৰ দৈদিনী (দেওধানী) আৰু বাগৰুম্বা আদি নৃত্য-গীত নাৰীকেন্দ্ৰিক। লগতে পঢ়ক বড়ো ভাষা বড়ো-কছাৰী বাথৌ ধৰ্ম তথ্য সংগ্ৰহ অসমৰ জনগোষ্ঠী বড়ো
62574
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A6%BE%E0%A6%AE%E0%A6%9A%E0%A7%B0%E0%A6%A3%20%E0%A6%A0%E0%A6%BE%E0%A6%95%E0%A7%81%E0%A7%B0
ৰামচৰণ ঠাকুৰ
ৰামচৰণ ঠাকুৰ এগৰাকী বৈষ্ণৱ সাহিত্যিক, চৰিতকাৰ, নাট্যকাৰ, অনুবাদক আছিল। আনুমানিক ১৫২১ খ্ৰীষ্টাব্দত তেওঁ জন্মলাভ কৰিছিল। তেওঁৰ পিতৃ-মাতৃ আছিল ৰামদাস আৰু মাধৱদেৱৰ ভনীয়েক উৰ্বশী। শিশু অৱস্থাৰে পৰা ৰামচৰণ ঠাকুৰে মাধৱদেৱৰ সান্নিধ্য লাভ কৰিছিল। "কংস-বধ" নাটক আৰু শংকৰদেৱৰ সংস্কৃত ৰচনা ভক্তি ৰত্নাকৰ অসমীয়ালৈ ভাঙনি "পদ-ভক্তি ৰত্নাকৰ" তেওঁৰ উল্লেখযোগ্য ৰচনা। কোনো কোনোৱে "টীকাভাষ্য" আৰু "গুৰু চৰিত" পুথি দুখনো ৰামচৰণ ঠাকুৰ ৰচিত বুলি ক'ব খোজে। জীৱন কথা মাজুলীৰ হোকোৰাকুছিৰ গয়পাণি কায়স্থই মহাপুৰুষ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি ৰামদাস নাম পায়। এওঁ মাধৱদেৱৰ ভনীয়েক উৰ্বশীক বিয়া কৰাইছিল। কথা-গুৰু-চৰিতৰ তথ্য মতে উৰ্বশীৰ নটা সন্তান উপজি নষ্ট হোৱাৰ পিছত ৰামচৰণৰ জন্ম হয়। ৰামচৰণৰ এমাহ হোৱাৰ পিছতে ভগ্নী উৰ্বশীয়ে ৰামচৰণক মাধৱদেৱৰ আগত আনি দিয়ে। ইয়াৰ কাৰণ ৰামদাসৰ উপৰিপুৰুষ হেকোৰাকুছিৰ ব্ৰাহ্মণৰ বৰুৱা বাবত আছিল। তেতিয়াই কিবা কথাত লাগি কোনো বাহ্মণে গোত্ৰসহ সাতপুৰুষলৈ বংশচ্ছেদ হওক বুলি শপিছিল। আগতে যি হ'ল তাক পাহৰি বৰ্তমানত ওপজা শিশুটিৰ মংগল চিন্তি মাধৱৰ আগত দিয়ে। মাধৱপুৰুষে নিজৰ গোত্ৰ ভাগিনিয়েকক দি ভনীয়েকক সুন্দৰীদিয়াত বাস কৰিবলৈ দিয়ে আৰু ৰামদাস তেতিয়াৰেপৰা পাটবাউসীত বাস কৰিবলৈ লয়। এওঁক মাধৱদেৱে লালন-পালন কৰা দেখি সকলোৱে “ঠাকুৰ' বুলি সম্বোধন কৰিবলৈ ধৰে। ৰামচৰণে সৰুৰে পৰা মোমায়েক মাধৱদেৱৰ সৈতে একেলগে থাকি কাব্য, ব্যাকৰণ আৰু কায়স্থিকা-বৃত্তি পঢ়া-শুনা কৰি কৰিছিল। মাধৱদেৱ সুন্দৰীদিয়াত থাকোঁতে ভাগিনীয়েকক সংস্কৃত ভক্তি ৰত্নাকৰ আৰু ভক্তি ৰত্নাৱলী নিয়মীয়াকৈ পাঠ কৰিবলৈ দিয়াৰ লগতে পুথি নকল কৰা কামতো লগায়। কথা-গুৰুচৰিতৰ সাক্ষ্য মতে শংকৰ-মাধৱ তীৰ্থভ্ৰমণলৈ যোৱা কালত ৰামচৰণ আছিল চেঙেলীয়া ডেকা। ৰামচৰণে জীৱনৰ সৰহখিনি কাল কটাইছিল সুন্দৰীদিয়াত। এবাৰ কামৰূপেশ্বৰ ৰঘুনাৰায়ণ ৰজাৰ পৰা বিশেষ পীড়া পাই মহাপুৰুষ মাধৱদেৱে ভাগিনীয়েকক সুন্দৰীতে এৰি থৈ লক্ষ্মীনাৰায়ণৰ ৰাজ্য কোচবিহাৰৰ ভেলাডোৱাত থাকিবলৈ লয়। ৰামচৰণ সৰহদিন অকলে নাথাকি তেৱোঁ মোমায়েকৰ ওচৰ পালেগৈ। মোমায়েকে তেতিয়া তেওঁক হাজো, দখিণকূল, বৰনগৰ, বৰপেটা আৰু অসম ৰাজ্যত সিঁচৰতি হৈ থকা কীৰ্তনপুথিখনি সংগ্ৰহ কৰিবলৈ আদেশ দিয়ে। মোমায়েকৰ আদেশ মতে তেওঁ এবছৰৰ ভিতৰতে কীৰ্তনখনি সংকলিত কৰে। কালিৰাম মেধিয়ে ঠাকুৰৰ জন্ম-মৃত্যু কাল সাব্যস্ত কৰিছে ১৫২১-১৬০০ খ্ৰীষ্টাব্দৰূপে। ৰচনাৱলী ৰামচৰণ ঠাকুৰে ৰচনা কৰা পুথিৰ ভিতৰত "কংস-বধ" নাটক আৰু শংকৰদেৱৰ সংস্কৃত ৰচনা ভক্তিৰত্নাকৰৰ অসমীয়ালৈ ভাঙনি <"পদ-ভক্তি ৰত্নাকৰ" কৰে। "শঙ্কৰ-মাধৱ-সংবাদ ৰূপে ভক্তি-ৰত্ন অথবা টীকাভাষ্য" নামৰ সৰু পুথি এখনো ৰামচৰণৰ নামত প্ৰচলিত আছে যদিও সমালোচকসকলে এয়া ৰামচৰণ ঠাকুৰৰ ৰচনা হয় নে নহয় সেই লৈ একমত নহয়। গুৰু চৰিত বা শঙ্কৰ-চৰিত বা বৰচৰিত ৰামচৰণ ঠাকুৰৰ নামত বহুলভাবে প্ৰচলিত আন এখনি পুথি হ’ল গুৰু চৰিত বা শঙ্কৰ-চৰিত বা বৰচৰিত। অৱেশ্যে এইখনৰ লেখক ৰামচৰণ ঠাকুৰ মাধৱৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰ একেজন হয় নে নহয় তাকো লৈ ভিন্নমত আছে। সমালোচকসকলৰ বহুতে চৰিতখনিক প্ৰথম লিখিত চৰিত পুথি বুলি স্বীকাৰ কৰিছে। আনহাতে বহু সমালোচকে কেতবোৰ কাৰণত ইয়াক ৰামচৰণ নামৰ অন্য এজন লোকৰ ৰচনা বুলি প্ৰতিপ্ৰন্ন কৰিব খোজে। কিয়নো ৰামচৰণৰ পুত্ৰ দৈত্যাৰি ঠাকুৰে পিতাকৰ এখনি গুৰু চৰিত থকা সত্ত্বেও ‘ৰামচৰণত শুনিছো যিমত সবাকো আমি লিখিলোঁ’ (দৈত্যাৰি, পদ ১৭০৩) বুলি আন এখন শংকৰ-মাধৱৰ চৰিত পুথি ৰচনা কৰা কথাটোৱে বিমোৰত পেলাইছে। তাতকৈ ডাঙৰ কথা, ৰামচৰণ ঠাকুৰ যে প্ৰথম চৰিত পুথিকাৰ, এই কথাৰ কোনো ইঙ্গিতেই পুতেকে দিয়া নাই; বৰঞ্চ ‘নাহিকে আৰিহি’ (পদ ১৭০৫) বুলিহে স্পষ্ট ভাৱে ঘোষণা কৰিছে। চৰিত-পুথিখনৰ সন্দৰ্ভত বিদ্বৎ সকলৰ মাজত দুটা বিপৰীতধৰ্মী মত পোৱা যায়। প্ৰথম মত অনুসৰি– শংকৰ-চৰিত ৰামচৰণৰ লেখা নহয়। আই কনকলতাৰ আজ্ঞাপৰ কণ্টৰীৰ ৰামচৰণেহে ইয়াক কুঁহিয়াৰণিত বহি লুকাই লুকাই পুথিখনি ৰচনা কৰিছিল।” দ্বিতীয় মত অনুসৰি ৰামচৰণ আৰু দৈত্যাৰি দুয়োজনেই দুখন চৰিত পুথি লিখিছিল। ৰামচৰণে লিখা চৰিত পুথিখনি কালিন্দী আয়ে এবাৰ চাবলৈ নিছিল। আই গোসাঁনীৰ পৰা কোনোবা ভকতে সেইখনি চাবলৈ নি হেৰুৱালে অথবা লুকুৱাই থলে। ফলত দৈত্যাৰিয়ে চাব খোজা সময়ত তেওঁ সেইখনি বিচাৰি পোৱা নাছিল। তদুপৰি ‘নাহিকে আৰিহি’ অকল দৈত্যাৰিয়ে লিখা নাই; দৈত্যাৰিৰ পৰৱৰ্তী চৰিতকাৰ ভূষণ দ্বিজেও তেওঁৰ চৰিত পুথিত ‘নাহিকে আৰিহি’ বুলিছে। গতিকে দ্বিতীয় মতৰ প্ৰবক্তাসকলে দৃঢ়ভাৱে ক’বলৈ বিচাৰে যে শংকৰ-চৰিতখন ৰামচৰণ ঠাকুৰৰে ৰচনা। পুথিখনিৰ সম্পাদক হৰিনাৰায়ণ দত্তবৰুৱাই এই গুৰুচৰিতখনি সম্পূৰ্ণভাৱে পাবলৈ নাই বুলি এনেদৰে উল্লেখ কৰিছে: "ৰামচৰণ ঠাকুৰৰ বিৰচিত ‘গুৰু-চৰিত’ সম্পূৰ্ণভাৱে পাবলৈ নাই। আজি প্ৰায় পঞ্চল্লিশ বছৰ আগত নগাঁৱৰ কলিয়াবৰ অঞ্চলৰ এখন সত্ৰত ‘ৰচৰিত’ এখন পোৱা হৈছিল, এতিয়া তাৰ নাম শুনা নাযায়। আমি অনুসন্ধান কৰি কেৱল ১ম-৫ম খণ্ডহে গুৰু-চৰিত’ পাইছে। ৬ষ্ঠ আৰু ৭ম খণ্ড ঠাকুৰ হলিৰাম মহন্তদেৱেহে সংগ্ৰহ কৰিছিল। সুন্দৰীদিয়া সত্ৰৰ দীননাথ অধিকাৰীদেৱৰ ঘৰত এখন ৰামচৰণ ঠাকুৰ বিৰচিত ‘গুৰু-চৰিত’ পোৱা হৈছে তাত কেৱল বেলগুৰিলৈকেহে লিখা আছে। আমি দুখন পুথি মিলাই এই ‘গুৰু-চৰিত’সম্পাদন কৰিলোঁ। ‘গুৰু-চৰিত’ পুথিখন সাতটা খণ্ডত বিভক্ত। চৰিতখনিত প্ৰথম খণ্ডত ৩০৫, দ্বিতীয় খণ্ডত ১০০৯, তৃতীয় খণ্ডত ৮৪৬, চতুৰ্থ খণ্ডত ৫০৮, পঞ্চম খণ্ডত ৭৮০, ৬ষ্ঠ খণ্ডত ৩০৪ আৰু সপ্তম খণ্ডত ৩৪৬টা পদ, মুঠতে চৰিতখনিত ৪০৯৮টা পদ আছে। ইয়াৰে অধিকসংখ্যক পদেই দ্বিপদী ছন্দ; কম সংখ্যকহে ত্ৰিপদী দুলড়ী, ছবি আৰু লেছাৰী ছন্দৰ। চৰিতখনে শংকৰদেৱৰ উপৰিপুৰুষসকলৰ বেহাৰ, কামৰূপ ৰাজ্য হৈ প্ৰবেশৰ পৰা আৰম্ভ কৰি, শ্ৰীমাধৱদেৱৰ সুন্দৰীদিয়া গমন, শংকৰদেৱৰ পৰিয়ালক বনগাগিৰিৰ উৎপীড়নলৈ সমস্ত ঘটনা প্ৰবাহ সামৰি লৈছে। চৰিতখনিৰ ভাষা সহজ, সৰল। তথ্যসূত্ৰ অসমৰ ব্যক্তি মৃত ব্যক্তি অসমীয়া
49712
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%AE%E0%A6%B2%E0%A6%BE%E0%A6%A8%E0%A6%A8%E0%A7%8D%E0%A6%A6%20%E0%A6%AD%E0%A6%9F%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A7%8D%E0%A6%AF
কমলানন্দ ভট্টাচাৰ্য্য
কমলানন্দ ভট্টাচাৰ্য্য (২ জুন, ১৮৯৪- ৪ জানুৱাৰী, ১৯৫১) অসমৰ এগৰাকী নাট্যকাৰ, অভিনেতা, কবি, গীতিকাৰ আৰু শিক্ষাবিদ। ১৮৯৪ চনত নগাঁৱত তেখেতে জন্মগ্ৰহণ কৰে। পিতৃৰ নাম মহদানন্দ ভট্টাচাৰ্য্য আৰু মাতৃৰ নাম ৰত্নেশ্বৰী দেৱী। নগাঁও, গুৱাহাটী আৰু কলিকতাত শিক্ষা সমাপণ কৰি তেখেতে শিক্ষক হিচাপে কাম কৰিবলৈ লয়। সাত বছৰ কাম কৰাৰ পাছত তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে আৰু অতি কমেও ৫ বাৰকৈ কাৰাবাস খাটে। নগাঁও নাট্য মন্দিৰৰ লগত আজীৱন সম্পৰ্ক ৰক্ষা কৰিছিল। তেখেতৰ ৰচিত উল্লেখযোগ্য কেইখন মান নাটক মৰাণ জীয়ৰী ,অৱসান, নগা কোঁৱৰ, চিত্ৰাঙ্গদা, যুগল মিলন, বব্ৰুবাহন,খৰিভাৰীৰ ৰাজ্যলাভ আদি ইয়াৰে দুখনমান অপ্ৰকাশিত অৱস্থাতে থাকিল। জেলত থাকোঁতে লিখা বহু গান আৰু নাটক আন্দোলনৰ সময়ত ঘৰত তালাচী চলোঁতে নষ্ট হয়। "বাউলী" পুথিখনৰ বাবেই তেখেতক "বাউলী কবি" বুলি অভিহিত কৰা হয়। বিয়াল্লিছৰ ছহীদ" তেখেতৰ আন এখন গীতৰ পুথি বিলত তিৰেবিৰাই পদুমৰ পাহি ঐ.....,কিয় ৰৈ ৰৈ কেতেকী বিনাৱ অমাতৰ মাত ভাঙিব লাগিব শিল অ'অভাগা সহিব লাগিব কিল ....তেখেতৰ গীত সমূহৰ ভিতৰত কেইটামান জনপ্ৰিয় গীত ১৯৫১ চনত তেখেতে মৃত্যুবৰণ কৰে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত পুলিছ মিলিটেৰীৰ অত্যাচাৰত তেখেতৰ বহু লিখিত তথ্য নষ্ট হৈ যায় ৰৈ যোৱা বাকীখিনি তথ্যৰে তেখেতৰ মৃত্যুৰ বহুপাছত তেখেতৰ সুযোগ্য পুত্ৰ বিখ্যাত সঙ্গীতজ্ঞ সঙ্গীত গুৰু তবলাবাদক বিবেকানন্দ ভট্টাচাৰ্য্যৰ প্ৰত্যক্ষ তৎপৰতা ও সহায়ত বৃহত্তৰ পাঞ্জাবাৰী সাহিত্য সভা গুৱাহাটীয়ে প্ৰকাশ কৰি উলিয়ায় "কমলানন্দ ভট্টাচাৰ্য্য ৰচনা সমগ্ৰ" এই পুথিত তেখেতৰ নাটক, কবিতা ,গীত বহুখিনি সন্নিবিষ্ট কৰা হৈছে শিক্ষা ১৮৯৪ চনৰ ২ জুনত নগাঁৱৰ আমোলাপট্টিত কমলানন্দ ভট্টাচাৰ্য্যৰ জন্ম হৈছিল। পৰিয়ালৰ চাৰিজন ল'ৰা আৰু তিনিজনী ছোৱালীৰ ভিতৰত তেখেত জ্যেষ্ঠ আছিল। ১৯০৯ চনত তেখেতৰ ১৫ বছৰ বয়সতে পিতৃবিয়োগ হয়। ১৯১১ চনত তেখেতে মেট্ৰিক পৰীক্ষাত ঊত্তীৰ্ণ হৈ ১৯১৪ চনত কটন কলেজৰ পৰা এফ, এ সম্পূৰ্ণ কৰে। ইয়াৰ পাছত তেখেত কলিকতালৈ বি এ পঢ়িবলৈ যায়। কিন্তু ধনৰ অভাৱত পঢ়া সম্পূৰ্ণ কৰিব নোৱাৰি নগাঁৱলৈ ঘূৰি আহে আৰু নগাঁও গভৰ্মেণ্ট হাইস্কুলত শিক্ষকতাত যোগদান কৰে। চাকৰিৰ সুমুৱাৰ কিছুদিন পাছতেই যোৰহাটৰ প্ৰখ্যাত চাহ খেতিয়ক সোমেশ্বৰ শৰ্ম্মাৰ নাতিনিয়েকৰ লগত তেখেতৰ বিয়া হয়। কৰ্মজীৱন আৰু স্বাধীনতা সংগ্ৰাম সাত বছৰ চাকৰি কৰাৰ পাছত ১৯২১ চনত তেখেতে চাকৰিৰ পৰা পদত্যাগ কৰি অসহযোগ আন্দোলনত জঁপিয়াই পৰে। আন্দোলনত সোমাই চৰকাৰী চাকৰি ত্যাগ কৰা তেখেতেই নগাঁৱৰ প্ৰথম ব্যক্তি। এই সময়তে তেখেতৰ এজন ভায়েকে কটন কলেজত আই এছ চিৰ বাছনি পৰীক্ষা দিছিল আৰু দুজনে ইংৰাজী স্কুলত পঢ়িছিল। আটাইকেইজনক তেখেতে পঢ়াশালিৰ পৰা আঁতৰাই আনি আন্দোলত যোগ দিয়ালে। ডাঙৰ ভায়েক কেশবানন্দ ভট্টাচাৰ্য্যৰ সৈতে তেখেতে দুবাৰ জেল খাটে। জেলৰ পৰা ওলাই তেখেতে বাণিজ্যত হাত দিয়ে আৰু সৰু ভায়েক দুজনক পুনৰ স্কুলত সুমুৱাই দিয়ে। ব্যৱসায় ভাল নচলাত ঘৰতে পঢ়ি পি এল পাছ কৰে আৰু নগাঁৱত ওকালতি আৰম্ভ কৰে। ইয়াৰ পাছতো তেখেতে ছিলেট, তেজপুৰ আদি ঠাইত কাৰাবাস খাটিছিল। ১৯৪২ চনৰ আগষ্টত তেখেতে নগাঁও জিলা কংগ্ৰেছ কমিটিৰ সম্পাদকৰ ভাৰ লৈছিল। ভাৰতে স্বাধীনতা লাভৰ পাছত চৰকাৰে তেখেতক প্ৰচাৰ বিভাগক এটা চাকৰি দিছিল যদিও কিছুদিন পাছত সেই বিভাগ বন্ধ হয়। সাংস্কৃতিক অৱদান কম বয়সৰ পৰাই কমলানন্দ ভট্টাচাৰ্য্যই নগাঁও নাট্য মন্দিৰৰ বাবে ইংৰাজী আৰু বঙালী নাটক অনুবাদ কৰিছিল। তাৰ পাছত তেখেতে নিজে নাটক আৰু গীত লিখিবলৈ লয়। অভিনয়ৰ ক্ষেত্ৰতো তেখেত আগভাগ লৈছিল। সাংস্কৃতিক কাম-কাজত ব্যস্ত থাকোঁতে কবি ৰত্নকান্ত বৰকাকতিৰ লগত তেখেতৰ বন্ধুত্ব গঢ়ি উঠে আৰু সেই সূত্ৰেই অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ অধিবেশনত ভট্টাচাৰ্য্যই নিজৰ দলৰ সৈতে সংগীত পৰিবেশন কৰিছিল। তেখেতে দুশৰো অধিক গীত ৰচনা কৰিছিল। ১৯২৭ চনত ভায়েক কেশবানন্দৰ মৃত্যুৰ পাছত স্মৃতি ৰক্ষাৰ্থে তেখেতে গীতৰ সংকলন "বাউলী" প্ৰকাশ কৰে। ইয়াৰ পাছত তেখেতে "নগা কোঁৱৰ" (১৯৩৬), "অৱসান" (১৯৩৬), "চিত্ৰাঙ্গদা" (১৯৫৬), "সাবিত্ৰী" (১৯৫৬), "খৰিভাৰীৰ ৰাজ্যলাভ", "মৰাণ জীয়ৰী", "সৈৰিন্ধ্ৰী", আদি নাটক লেখে। কোম্পানীৰ আগ্ৰহত তেখেতে "বব্ৰুবাহন" নাটক লিখি নগাঁৱৰে কেইগৰাকীমান শিল্পীৰ সৈতে কলিকতাত ৰেকৰ্ড কৰে। জেলত আবদ্ধ থাকোঁতে তেখেতে "যুগল মিলন" নামৰ এখন নাট আৰু ভালেখিনি গান ৰচনা কৰিছিল। ১৯৪৩ চনত তেজপুৰ জেলত থাকোঁতে তেখেতে "বিয়াল্লিছৰ ছহীদ" আৰু "নাৱৰীয়াৰ সুৰ" বুলি গানৰ কিতাপ লিখে। ঐতিহ্য "বাউলী" পুথিৰ অবিস্মৰণীয় গীতসমূহৰ বাবে কমলানন্দ ভট্টাচাৰ্য্যক "বাউলী কবি" বুলি অভিহিত কৰা হয়। পুত্ৰ বিবেকানন্দ ভট্টাচাৰ্য্যৰ প্ৰচেষ্টাত তেখেতৰ ৰচনাৱলী প্ৰকাশ হোৱাৰ লগতে দুটা শ্ৰাব্য সঁফুৰা মুক্তি পায়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই ২০০৬ চনৰ পৰা নিয়মীয়াকৈ ভট্টাচাৰ্য্যৰ গীতৰ কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। তথ্যসূত্ৰ শ্ৰেণী:অসমীয়া ভাষাৰ গীতিকাৰ অসমীয়া
81750
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A7%87%E0%A6%A1%E0%A7%81%E0%A6%9A%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%9B
কেডুচিয়াছ
কেডুচিয়াছ "হেৰাল্ডৰ লাখুটি, বা ষ্টাফ") হৈছে গ্ৰীক পৌৰাণিক কাহিনীত হাৰ্মিচ আৰু গ্ৰীক-ইজিপ্তৰ পৌৰাণিক কাহিনীত হাৰ্মিছ ট্ৰাইছমেগিষ্টাছে কঢ়িয়াই অনা লাখুটি। একেটা লাখুটিকে সাধাৰণতে হেৰাল্ডসকলেও বহন কৰিছিল, উদাহৰণস্বৰূপে হীৰাৰ দূত আইৰিছেও বহন কৰিছিল। ই দুটা সাপৰ দ্বাৰা সংযুক্ত এটা চুটি লাখুটি, কেতিয়াবা ইয়াৰ ওপৰত ডেউকাও থাকে। ৰোমান আইকন’গ্ৰাফীত ইয়াক প্ৰায়ে দেৱতাসকলৰ দূত বুধৰ বাওঁহাতত কঢ়িয়াই নিয়া অৱস্থাত চিত্ৰিত কৰা হৈছিল। কিছুমান বিৱৰণে প্ৰকাশ কৰে যে কেডুচিয়াছৰ আটাইতকৈ পুৰণি জ্ঞাত চিত্ৰকল্পৰ শিপা মেছ’পটেমিয়াত চুমেৰিয়ান দেৱতা নিংগিছজিদাৰ সৈতে আছে; তেওঁৰ প্ৰতীক, চাৰিওফালে দুটা সাপ জড়িত হৈ থকা এটা লাখুটি, খ্ৰীষ্টপূৰ্ব ৪০০০ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ৩০০০ চনলৈকে। প্ৰতীকী বস্তু হিচাপে ই হাৰ্মিছ (বা ৰোমান বুধ) আৰু সম্প্ৰসাৰণৰ দ্বাৰা দেৱতাৰ সৈতে জড়িত ব্যৱসায়, বৃত্তি বা কাম-কাজক প্ৰতিনিধিত্ব কৰে। পৰৱৰ্তী প্ৰাচীন কালত কেডুচিয়াছে বুধ গ্ৰহক প্ৰতিনিধিত্ব কৰা জ্যোতিষ প্ৰতীকৰ ভিত্তি প্ৰদান কৰিছিল। এইদৰে জ্যোতিষী, ৰসায়ন আৰু জ্যোতিৰ্বিজ্ঞানত ইয়াৰ ব্যৱহাৰৰ জৰিয়তে ই একে নামৰ গ্ৰহ আৰু মৌলিক ধাতুটোক বুজাবলৈ সক্ষম হৈছে। কোৱা হয় যে সেই লাখুটিডালে শুই থকাজনক জগাই তুলিব আৰু জাগ্ৰতজনক শুবলৈ পঠিয়াই দিব। যদি মৃত্যুমুখত পৰাৰ ওপৰত প্ৰয়োগ কৰা হয়, তেন্তে তেওঁলোকৰ মৃত্যু কোমল আছিল; যদি মৃতসকলৰ ওপৰত প্ৰয়োগ কৰা হয়, তেন্তে তেওঁলোক পুনৰ জীৱিত হৈছিল। বুধ আৰু হাৰ্মিছৰ সৈতে ইয়াৰ সংযোগৰ সম্প্ৰসাৰণৰ দ্বাৰা কেডুচিয়াছ বাণিজ্য আৰু আলোচনাৰ এক স্বীকৃতিপ্ৰাপ্ত প্ৰতীকও, দুটা ক্ষেত্ৰ য’ত সুষম বিনিময় আৰু পাৰস্পৰিকতাক আদৰ্শ হিচাপে স্বীকৃতি দিয়া হয়। এই সংযোগ প্ৰাচীন, আৰু প্ৰাচীন যুগৰ পৰা আধুনিক সময়লৈকে সামঞ্জস্যপূৰ্ণ। কেডুচিয়াছক ছপাক প্ৰতিনিধিত্ব কৰা প্ৰতীক হিচাপেও ব্যৱহাৰ কৰা হয়, পুনৰ বুধৰ বৈশিষ্ট্যসমূহৰ দ্বাৰা সম্প্ৰসাৰণৰ কৰা হয় (এই ক্ষেত্ৰত লিখা আৰু বাকপটুতাৰ সৈতে জড়িত)। যদিও মাত্ৰ এটা সাপ থকা আৰু কেতিয়াও ডেউকাৰে চিত্ৰিত কৰা ৰড অৱ এছক্লেপিয়াছ চিকিৎসাৰ পৰম্পৰাগত আৰু অধিক ব্যৱহৃত প্ৰতীক, কেডুচিয়াছ কেতিয়াবা স্বাস্থ্যসেৱা সংস্থাসমূহে ব্যৱহাৰ কৰে। 'কেডুচিয়াছ' মূলতঃ বাণিজ্য আৰু অন্যান্য অচিকিৎসা প্ৰতীকৰ প্ৰতীক বুলি ধৰি ল'লে বহুতো স্বাস্থ্যসেৱা পেছাদাৰীয়ে এই ব্যৱহাৰক অসন্মতি প্ৰকাশ কৰে। ঐতিহাসিক প্ৰাচীনতা পৌৰাণিক কাহিনী হাৰ্মিছৰ প্ৰতি হোমেৰিক গীতটোত বৰ্ণনা কৰা হৈছে যে কেনেকৈ তেওঁৰ আঢ়ৈ বছৰীয়া ভাতৃ এপ’লোৱে হাৰ্মিছৰ কচ্ছপৰ খোলাৰ পৰা নিৰ্মিত লাইয়াৰৰ পৰা হাৰ্মিছৰ সংগীতৰ দ্বাৰা মোহিত হৈছিল, যিটো হাৰ্মিছে তেওঁক সদয়ভাৱে দিছিল। বিনিময়ত এপ’ল'ৱে বন্ধুত্বৰ ইংগিত হিচাপে হাৰ্মিছক কেডুচিয়াছ দিলে। এইদৰে সাপৰ সৈতে থকা সম্পৰ্কই হাৰ্মিছক এপ'ল'ৰ সৈতে সংযোগ কৰে, কিয়নো পিছলৈ সাপটোক "এপ'ল'ৰ পুত্ৰ" এছক্লেপিআছৰ সৈতে জড়িত কৰা হয়। এপ’ল’ৰ সৰ্পৰ সৈতে সম্পৰ্ক পুৰণি ভাৰত-ইউৰোপীয় অজগৰ-হত্যাকাৰী মটিফৰ ধাৰাবাহিকতা। উইলহেম হাইনৰিখ ৰ'চাৰে (১৯১৩) আঙুলিয়াই দিছিল যে হাৰ্মিছ আৰু এছক্লেপিয়াছ উভয়ৰে এটা বৈশিষ্ট্য হিচাপে সাপটো "ডেলফিত পাইথন নামেৰে জনাজাত প্ৰাক-ঐতিহাসিক অৰ্ধ-চ্থনিক সাপ নায়ক"ৰ এটা ভিন্নতা, যাক ধ্ৰুপদী পৌৰাণিক কাহিনীত এপ'লোৱে হত্যা কৰে। কেডুচিয়াছৰ উৎপত্তিৰ এটা গ্ৰীক মিথ তিৰেছিয়াছৰ কাহিনীৰ অংশ, যিয়ে দুটা সাপক সংগম কৰি থকা দেখি নিজৰ লাখুটিৰে মাইকীজনীক হত্যা কৰিছিল। তিৰেছিয়াছক লগে লগে নাৰীলৈ ৰূপান্তৰিত কৰা হয়, আৰু সাত বছৰৰ পাছত মতা সাপটোৰ সৈতে এই কাৰ্য্য পুনৰাবৃত্তি কৰিবলৈ সক্ষম নোহোৱালৈকে তেওঁ তেনেকৈয়ে থাকিল। এই লাখুটিটো পিছলৈ ইয়াৰ ৰূপান্তৰকাৰী শক্তিৰ লগতে হাৰ্মিছ দেৱতাৰ দখলত আহে। আইকন'গ্ৰাফী উৎপত্তি আৰু তুলনামূলক পৌৰাণিক কাহিনী কেৰুকেয়ন শব্দটোৱে যিকোনো হেৰাল্ডৰ কৰ্মচাৰীক বুজাইছিল, বিশেষকৈ হাৰ্মিছৰ সৈতে জড়িত হোৱাটো বাধ্যতামূলক নহয়। হাৰ্মিছৰ পূজাৰ ওপৰত কৰা অধ্যয়নত লুইছ ৰিচাৰ্ড ফাৰ্নেলে (১৯০৯) ধৰি লৈছিল যে এই দুটা সাপ কেৱল হেৰাল্ডসকলে নিজৰ লাখুটি হিচাপে ব্যৱহাৰ কৰা গোহালিৰ গোহালিৰ অলংকাৰৰ পৰাই গঢ় লৈ উঠিছে। এই মতবাদক পৰৱৰ্তী লেখকসকলে প্ৰাচীন নিকট পূবৰ সমান্তৰাল আইকনগ্ৰাফীলৈ আঙুলিয়াই নাকচ কৰিছে। এইটো যুক্তি দিয়া হৈছে যে দুটা সাপে সংলগ্ন কৰা লাখুটি বা লাখুটিডাল নিজেই প্ৰাক-নৃতাত্ত্বিক যুগৰ কোনো দেৱতাক প্ৰতিনিধিত্ব কৰিছিল। হাৰ্ম বা প্ৰিয়াপাছৰ দৰেই ইও এইদৰে ধ্ৰুপদী যুগৰ নৃৰূপী হাৰ্মিছৰ পূৰ্বসূৰী হ’ব। প্ৰাচীন নিকট পূব (1910) 3000 4000 1916, 550 ভাৰত প্ৰাথমিক আধুনিক ব্যৱহাৰ বৰ্তমান ব্যৱহাৰ বাণিজ্যৰ প্ৰতীক ৰড অৱ এছক্লেপিয়াছৰ সৈতে বিভ্ৰান্তি কম্পিউটাৰ ক'ডিং কম্পিউটাৰত প্ৰস্তুত কৰা নথিপত্ৰত ব্যৱহাৰৰ বাবে, চিহ্নটোৰ ইউনিক’ডত ক’ড পইণ্ট থাকে, +2624 ত. কেডুচিয়াছৰ বাবে 750 ৰসায়ন চিহ্নত সংকেত কৰা এটা ৰসায়ন চিহ্নও আছে। [চিহ্নটো কেনেকৈ সুমুৱাব লাগে তাৰ বিষয়ে তথ্যৰ বাবে, ইউনিক'ড ইনপুট চাওক (বা ইয়াক প্ৰত্যক্ষভাৱে কপি/পেষ্ট কৰক)।] এই চিহ্নসমূহ সকলো ফন্টত প্ৰদান কৰা হোৱা নাই, বিশেষকৈ পুৰণিবোৰত। জাতীয় পতাকা আৰু পতাকা একাধিক জাতীয় পতাকা আৰু পতাকাত এই প্ৰতীকটো চিত্ৰিত কৰা হৈছে। লগতে চাওক টোকাসমূহ উৎসসমূহ তথ্যসূত্ৰসমূহ অধিক পঢ়াক 1967. 1979. বাহ্যিক সংযোগসমূহ
34412
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A7%80%E0%A6%AE%E0%A6%AC%E0%A7%B0%20%E0%A6%A6%E0%A7%87%E0%A6%89%E0%A7%B0%E0%A7%80
ভীমবৰ দেউৰী
ভীমবৰ দেউৰী (১৯০৩-১৯৪৭) অসমৰ এগৰাকী জননেতা আৰু আইনজ্ঞ। শিৱসাগৰৰ পানীদিহিঙত জন্মগ্ৰহণ কৰা দেউৰীয়ে কটন কলেজ আৰু প্ৰেচিডেন্সি কলেজত উচ্চশিক্ষা গ্ৰহণ কৰিছিল। আইনৰ শিক্ষা লাভ কৰি এওঁ ওকালতিৰ লগতে সনাজসেৱাতো জড়িত হৈ পৰে। অসমৰ ভূমিপুত্ৰসকলৰ উন্নয়নৰ বাবে তেওঁ ট্ৰাইবেল লীগৰ জন্ম দিয়ে আৰু ইয়াৰ সাধাৰণ সম্পাদকৰূপে একেৰাহে ১৩ বছৰ কাৰ্যনিৰ্বাহ কৰে। গ্ৰুপিং ব্যৱস্থাৰ জৰিয়তে অসমক পূব পাকিস্তানৰ লগত সুমুৱাব খোজা প্ৰচেষ্টা খণ্ডন কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। মাত্ৰ ৪৪ বছৰ বয়সতে মৃত্যুবৰণ কৰা ভীমবৰ দেউৰীক "জননেতা" বুলি অভিহিত কৰা হয়। জন্ম আৰু শিক্ষা ১৯০৩ চনৰ ১৬ মে’ত শিৱসাগৰ জিলাৰ পানীদিহিং অঞ্চলৰ বৰগাঁৱত ভীমবৰ দেউৰীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল গদাৰাম দেউৰী আৰু মাতৃৰ নাম আছিল বাজং দেউৰী। দেউতাক দেউৰী জনগোষ্ঠীৰ বৰগঞা খেলৰ পুৰণি শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰৰ পূজাৰী বৰদেউৰী বংশৰ আছিল। ১৯০৮ চনত বৰগাঁও প্ৰাথমিক বিদ্যালয়ত তেওঁ প্ৰাথমিক শিক্ষা আৰম্ভ কৰে। সৰুৰে পৰাই পঢ়াশুনাত মেধাৱী হোৱা হেতুকে ১৯১৩ চনত ভীমবৰ দেউৰীয়ে শিৱসাগৰ মহকুমাৰ ভিতৰত প্ৰাথমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰিছিল। পিছলৈ শিৱসাগৰ এম.ভি স্কুলৰ পৰা মাহে চাৰি টকীয়া জলপানি লাভ কৰি কৃতিত্বৰে পাছ কৰে আৰু শিৱসাগৰ উচ্চ ইংৰাজী বিদ্যালয়তো শিক্ষা গ্ৰহণ কৰে। ১৯২৫ ত তেখেতে কটন কলেজত নামভৰ্ত্তি কৰিছিল। ১৯২৫ত দিয়া এনট্ৰেন্স পৰীক্ষাত তেওঁ পাঁচটা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ১৫ টকাৰ এটি বৃত্তিও লাভ কৰিছিল। ১৯২৭ত তেওঁ আই এ পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ দৰ্শনত অনাৰ্ছ লৈ কটন কলেজত বি.এ পঢ়িবৰ বাবে নামভৰ্ত্তি কৰে। কটন কলেজত পঢ়া কালতে বৰ্ণ হিন্দু ছাত্ৰসকলে জনগোষ্ঠীয় ছাত্ৰসকলক আন এটা মেছত খোৱা-মেলা কৰিবলৈ দিয়া বৈষম্যমূলক ব্যৱস্থাৰ প্ৰতিবাদ কৰিছিল। সমগ্ৰ দেউৰী জনগোষ্ঠী আৰু পানীদিহিং অঞ্চলৰ লোকৰ মাজত ভীমবৰ দেউৰীয়েই প্ৰথম স্নাতক। এম.এ পাঠ্যক্ৰমৰ বাবে কলকাতাৰ প্ৰেছিডেন্সি কলেজত নামভৰ্ত্তি কৰিছিল যদিও আৰ্থিক সমস্যাৰ বাবে এম.এ পৰীক্ষাত অৱতীৰ্ণ হব নোৱাৰিলে। সেই একে সময়তে তেওঁ আইন কলেজতো নামভৰ্ত্তি কৰিছিল আৰু ১৯৩১ চনত বি.এল পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। কৰ্মজীৱন ১৯৩২ চনত অসম অসামৰিক সেৱাৰ পৰীক্ষাত ঊত্তীৰ্ণ হৈ তেওঁ অতিৰিক্ত সহায়ক আয়ুক্ত পদৰ বাবে নিৰ্বাচিত হয়। কিন্তু পিছপৰা জনগোষ্ঠীসমূহ চৰকাৰী চাকৰিৰ বাবে তালিকাভুক্ত নোহোৱা বাবে তেওঁ চাকৰিৰ পৰা বঞ্চিত হয়। সেইবাবে চাকৰিৰ বাসনা এৰি ডিব্ৰুগড় আদালতত ওকালতি জীৱন আৰম্ভ কৰিছিল। নিজৰ ওকালতি জীৱনৰ লগতে ভীমবৰ দেউৰীয়ে বিভিন্ন জনহিতকৰমূলক কামো কৰি গৈছিল। তেখেতে উপলব্ধি কৰিছিল যে অসমৰ থলুৱা অনগ্ৰসৰ জনগোষ্ঠী (বড়ো, মিচিং, ৰাভা, তিৱা, দেউৰী, কাৰ্বি, মৰাণ, মটক, সোণোৱাল কছাৰী আদি) বোৰক একত্ৰিত কৰি সকলোৰে উন্নতিৰ ব্যৱস্থা কৰিলেহে সমগ্ৰ অসমৰ উন্নতিয়ে পূৰ্ণতা পাব। সেই উদ্দেশ্য আগত ৰাখিয়েই তেওঁ ১৯৩৩ চনৰ ১৭ এপ্ৰিলত নগাঁও জিলাৰ ৰহাত অসমৰ সকলো জনগোষ্ঠীৰ এক সন্মিলন অনুষ্ঠিত কৰে। এই সন্মিলনক (ইয়াক চমুকৈ নামেৰেও জনা যায়) নামেৰে জনা যায়। অসমৰ ভূমিপুত্ৰ জনজাতিসকলৰ আৰ্থ-সামাজিক উন্নতি সাধনেই আছিল এই লীগৰ প্ৰধান উদ্দেশ্য। যাদৱচন্দ্ৰ খাখলাৰী ইয়াৰ সভাপতি আৰু ভীমবৰ দেউৰী সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। এই লীগৰ সাধাৰণ সম্পাদকৰুপে ভীমবৰ দেউৰীয়ে একেৰাহে ১৩ বছৰ কাল কাৰ্য্যনিৰ্বাহ কৰিছিল। এই লীগৰ তাগিদাৰ প্ৰতি সহাঁৰি জনায়েই ভাৰত চৰকাৰে অসম বিধানসভাৰ ১০৮খন আসনৰ ৫খন আসন জনজাতিসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰে। ‘ট্ৰাইবেল লীগ’ৰ প্ৰচেষ্টাত তেতিয়ালৈ তালিকা বৰ্হিভূত হৈ থকা দেউৰী জনগোষ্ঠীৰ দৰে ক্ষুদ্ৰ জনগোষ্ঠীসমূহকো অনগ্ৰসৰ ভৈয়ামৰ জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। ১৯৩৫ চনত "ডিব্ৰগড় ঊকীল সন্থা" স্থাপন কৰাতো তেওঁ সক্ৰিয় ভূমিকা লৈছিল। ১৯৩৯ চনত ট্ৰাইবেল লীগৰ বিধায়কসকলৰ অনুৰোধত আৰু প্ৰদেশ কংগ্ৰেছ দলৰ সৰ্বসন্মতি ক্ৰমে অসমৰ ৰাজ্যপালে ভীমবৰ দেউৰীক অসম বিধান পৰিষদৰ সদস্য পদৰ বাবে মনোনীত কৰে। সমগ্ৰ অসমৰ জনগোষ্ঠীয় প্ৰতিনিধিৰ ৰাজনৈতিক দলেহে ৰাজ্যখনৰ উন্নতি আনিব পাৰিব বুলি ১৯৪৫ চনত তেওঁ আন জনগোষ্ঠীয় নেতাৰে মিলি শ্বিলঙৰ এক অভিবেশনত ‘আচাম ট্ৰাইবচ্ এণ্ড্ ৰেচেচ্ ফেডাৰেশ্যন’ৰ জন্ম দিয়ে। এই অধিৱেশনত ভাৰতৰ পৰা পৃথক কৰি এক সাৰ্বভৌম স্বাধীন অসম দেশ সৃষ্টি কৰা প্ৰস্তাৱ লোৱা হৈছিল। ১৯৪৬ চনত তেওঁ গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাত বন আৰু শ্ৰম বিভাগৰ মন্ত্ৰীৰুপে কাৰ্যনিৰ্বাহ কৰিছিল। গ্ৰুপিং ব্যৱস্থাৰ জৰিয়তে অসমক পূব পাকিস্তানৰ লগত অন্তৰ্ভুক্ত কৰিব খোজা প্ৰস্তাৱৰ তেওঁ ঘোৰ বিৰোধিতা কৰিছিল। ৰূপনাথ ব্ৰহ্ম, কাৰ্ক চন্দ্ৰ দলে, যাদৱ চন্দ্ৰ খাখলাৰী, খৰচিং তেৰাং আদিৰ সৈতে মিলি তেওঁ মহম্মদ আলী জিন্না, লৰ্ড ৱাভেল আদিক সাক্ষাৎ কৰি এই বিষয়ে যুক্তি প্ৰদৰ্শন কৰিছিল। বৈবাহিক জীৱন প্ৰথিতযশা বড়ো সাহিত্যিক ৰূপনাথ ব্ৰহ্মৰ জীয়ৰী কমলাৱতী বহ্মৰ লগত ১৯৪০ চনত ভীমবৰ দেউৰীৰ বিবাহ সম্পন্ন হয়। মৃত্যু ১৯৪৬ চনত গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাৰ মন্ত্ৰী হৈ থাকোঁতেই ভীমবৰ দেউৰী যক্ষ্মা ৰোগত আক্ৰান্ত হয়। পিছলৈ তেওঁ মন্ত্ৰীসভাৰ মন্ত্ৰীপদৰ পৰা ইস্তফা দি চিকিৎসাৰ বাবে মাদ্ৰাজৰ আৰোগ্যভৰম ছেনিটোৰিয়াম চিকিৎসালয়ত ভৰ্ত্তি হয়। এই চিকিৎসালয়তেই ১৯৪৭ চনৰ ৩০ নৱেম্বৰ দেওবাৰে ভীমবৰ দেউৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে। ঐতিহ্য ভীমবৰ দেউৰীৰ স্মৃৰি ৰক্ষাৰ্থে প্ৰতিবছৰে অসম চৰকাৰে ৰাজ্যখনলৈ গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়োৱা একোজন লোকক "জননেতা ভীমবৰ দেউৰী বঁটা" প্ৰদান কৰে। ২০২০ চনত দেউৰী সাহিত্য সভাৰ ৩৪ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে যে অসম চৰকাৰে ভীমবৰ দেউৰীৰ নামত এক স্মৃতি ক্ষেত্ৰ নিৰ্মাণ কৰিব। তথ্য সংগ্ৰহ অসমৰ ব্যক্তি মৃত ব্যক্তি অসমৰ ৰাজনীতিৰ সৈতে জড়িত
35176
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%83%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A6%A8%E0%A7%80%20%E0%A6%AC%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0
বৃন্দাবনী বস্ত্ৰ
বৃন্দাৱনী বস্ত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত অসমীয়া শিপিনিয়ে বৈ উলিওৱা এখন দীঘলীয়া বস্ত্ৰ। বস্ত্ৰখনত বৃন্দাবনত কৰা শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাসমূহৰ চিত্ৰসহ বৰ্ণনা কৰা আছে। বৰপেটাৰ তাঁতীকুছিৰ শিপিনিসকলৰ হতুৱাই গোপাল আতাৰ নেতৃত্বত বোৱা এই বস্ত্ৰখনৰ কিছু অংশ এতিয়া লণ্ডনৰ ভিক্টোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহালয়ত আৰু কিছু অংশ পেৰিছৰ গুইমেট সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে। বস্ত্ৰখনিত খোদিত চিত্ৰই মধ্যযুগৰ অসমীয়া শিপিনিৰ কলা-কৌশলতাৰ নিদৰ্শন দিয়ে। ইতিহাস ১৬ শ শতিকাত অসমীয়া শিপিনিসকলে, শংকৰদেৱ আৰু মাধৱদেৱৰ তত্ত্বাৱধানত, পাটকাপোৰত ভাগৱত বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালক আখ্যান বিলাক ফুল বাছি চিত্ৰিত কৰিছিল শ্ৰীশঙ্কৰদেৱ পাটবাউসীত থকা সময়ত কোচ ৰজা মল্লদেৱ বা নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ শুক্লধ্বজ বা চিলাৰায়ৰ অনুৰোধত বৃন্দাবনী বস্ত্ৰ বৈছিল। নৰনাৰায়ণ ৰজাই শংকৰদেৱৰ মুখেৰে শ্ৰীকৃষ্ণৰ লীলা শুনিবলৈ পাই অভিভূত হৈ তেওঁৰ কাহিনী চিত্ৰৰ জৰিয়তে চাবলৈ ইচ্ছা প্ৰকাশ কৰাত শংকৰদেৱে সেয়া কাপোৰত ৰং-বিৰঙৰ সূতাৰে ফুটাই তোলা সম্ভৱ হ’ব বুলি কোৱাত ৰজাই তাৰবাবে যাৱতীয় ব্যৱস্থা কৰিবলৈ গাত লয় আৰু যিমান প্ৰয়োজন, সিমান সূতা যোগাৰ দিয়াৰ ব্যৱস্থা কৰে৷ সেই সময়ত শংকৰদেৱ পাটবাউসীত আছিল আৰু বৰপেটাৰ তাঁতীকুছি নামে ঠাইৰ শিপিনিসকলৰ মাধ্যমেৰেই এই কাম কৰিবলৈ মনস্থ কৰি মাধবদেৱৰ সৈতে আলচ কৰে আৰু গোপাল আতাক মূখ্য তাঁতী নিযুক্ত কৰে৷ গোপাল আতাক মুখ্য কৰি বাৰজন মৰল আৰু ছকুৰি তাঁতীৰে এই বস্ত্ৰখনি প্ৰস্তুত কৰা হৈছিল৷ ইয়াৰ বাবে তাঁতীকুছিত এটা আহল-বহল ঘৰ প্ৰথমে তৈয়াৰ কৰি লৈছিল৷ এই বস্ত্ৰ ১৫৬৭ ৰ পৰা ১৫৬৯ চনৰ ভিতৰত বৈ উলিওৱা হৈছিল, তাৰপিছত ই বিভিন্ন কাৰণত ভূটান হৈ তিব্বত পায়গৈ আৰু তাৰ পৰা ইউৰোপীয় ব্যৱসায়ীসকলে এই বস্ত্ৰ উদ্ধাৰ কৰি ইউৰোপলৈ লৈ আহে। বৰ্তমান সময়ত এই বস্ত্ৰ লণ্ডনৰ ভিক্টৰিয়া এলবাৰ্ট সংগ্ৰহালয় আৰু পেৰিচৰ গুইমেট সংগ্ৰহালয়ৰ তত্ত্বাৱধানত আছে। কোনো কোনোৰ মতে বৃন্দাৱনী বস্ত্ৰৰ টুকুৰা এটা ১৯০৪ চন মানত লণ্ডনৰ টাইমচ কাকতৰ এজন সাংবাদিকে সংগ্ৰহ কৰি সংগ্ৰহালয়ক দান কৰে। একেধৰণৰ বস্ত্ৰৰ টুকুৰা 'ফিলাডেলফিয়া মিউজিয়াম অৱ আৰ্ট'কে ধৰি কেইবাটাও সংগ্ৰহালয়ত আছে বুলি জনা যায়। ২০০৪ চনত, শংকৰদেৱে ১৬ শতিকাত আৰ্হি কৰা বুলি অনুমান কৰা এনে এটুকুৰা বস্ত্ৰ নিউয়ৰ্ক চহৰৰ 'অক্সন হাউচ অৱ খ্ৰীষ্টী'য়ে ১২০,০০০ ডলাৰ সংৰক্ষিত মূল্যত নীলাম কৰিছিল। এনেধৰণৰ পাটৰ কাপোৰত বৈ উলিওৱা শিল্পকৰ্ম অসমৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত ১৭১৫ চন মানলৈকে তৈয়াৰ কৰা হৈছিল আৰু তিব্বত আদি দেশলৈ ৰপ্তানিও কৰা হৈছিল। বৰ্তমান ছ মিউজিয়ামৰ মালিকীস্বত্বৰ অধীনত থকা এই বস্ত্ৰ ১৯০৪ চনত তিব্বতৰ পৰা উদ্ধাৰ কৰা হৈছিল। এই বস্ত্ৰ চাৰে ন মিটাৰ দীঘল যদিও ইয়াক কেইবাটাও খণ্ডত বৈ উলিয়াই পিছত যোগ কৰা হৈছে, প্ৰত্যেক খণ্ডতে শ্ৰীকৃষ্ণৰ লীলা চিত্ৰিত হৈছে। নানাৰঙী এই ছবিবিলাকৰ লগতে ইয়াত শংকৰদেৱ বিৰচিত এটি পদো তুলি থোৱা আছে। ভাৰতৰ কেইবাটাও চৰকাৰী সংস্থাই এই বস্ত্ৰ ভাৰতলৈ আনিবলৈ চেষ্টা চলালেও সফল হব পৰা নাই। ২০১৩ চনত অসম চৰকাৰে ব্ৰিটিছ মিউজিয়ামক এই বস্ত্ৰ প্ৰদৰ্শিত কৰিবলৈ অনুৰোধ কৰে যাতে কলামোদী, গৱেষক আৰু লণ্ডনত থকা অসমীয়া মূলৰ লোকসকলে এই মহান কাৰুশিল্পৰ দৰ্শন লাভ কৰিব পাৰে। পৰিকল্পনা ৰজা নৰনাৰায়ণৰ আদেশ পাই শংকৰদেৱে তাঁতীকুছিত বস্ত্ৰৰ কাম আৰম্ভ কৰি গোপাল আতাক মুখ্য দায়িত্ব দিয়ে৷ এই গোপাল আতাই পৰৱৰ্তীকালত মথুৰাদাস বুঢ়া আতা নামে জনাজাত হয় আৰু এওঁকেই বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ পদত মাধবদেৱে অধিষ্ঠিত কৰিছিল৷ পৰিকল্পনা মতে, শ্ৰীকৃষ্ণৰ জন্মৰ পৰা কংসবধলৈ গোকুল, বৃন্দাবন আৰু মথুৰাৰ নানা কাহিনী তাত সন্নিৱিষ্ট কৰাৰ আঁচনি লোৱা হৈছিল আৰু তাৰবাবে বিভিন্ন ৰঙৰ সূতা প্ৰস্তুত কৰা হৈছিল৷ বস্ত্ৰখনিৰ দৈৰ্ঘ্য ৰখা হৈছিল ছয়কুৰি হাত আৰু প্ৰস্থ তিনিকুৰি হাত৷ জগন্নাথ আতৈয়ে বস্ত্ৰখনি বৃন্দাবনৰ প্ৰখ্যাত ’বাৰ বন’ৰ আৰ্হিত কৰা বুলি উল্লেখ কৰি তেওঁৰ লেখাত বস্ত্ৰখন তেৰটা খণ্ডত প্ৰস্তুত কৰাৰ কথা উল্লেখ কৰিছে৷ তেৰটা খণ্ডত এই বৃহৎ আকাৰৰ বস্ত্ৰখণ্ড প্ৰস্তুত কৰাৰ আঁচনি লোৱা হৈছিল৷ গুৰু চৰিত কথাত আছে, বয়ন কাৰ্য তিনিকুৰি হাত বহল আৰু ছকুৰি হাত দীঘল বস্ত্ৰখনৰ বাবে বাৰভাৰ সূতাৰ আৱশ্যক হৈছিল৷ তাঁতীকুছিৰ গোপাল তাঁতী বা মথুৰাদাস বুঢ়া আতাৰ পেহাক ৰাম লাৰুৱাৰ বাৰীতে আহল-বহল ঘৰ সাজি বস্ত্ৰখনি বোৱা হৈছিল৷ শংকৰদেৱৰ দিহামতে গোপাল তাঁতীয়ে আন সহযোগীসকলক লৈ কৃষ্ণ জন্মৰ বিশদ বিৱৰণ, নন্দ ৰজাৰ গৃহলৈ কৃষ্ণৰ গমন, গোকুলত কৃষ্ণৰ সকলো লীলা-খেলা, কংসবধৰ সকলো কাৰ্যৰ বিৱৰণ নানা-ৰঙী সূতাৰে ফুটাই তোলা হৈছিল৷ এই কাপোৰ ববলৈ শংকৰদেৱে পাটবাউসী সত্ৰৰ পৰা দিনৌ তাঁতীকুছিলৈ গৈছিল আৰু প্ৰতিদিনে এবেগেতকৈ কাপোৰ বৈছিল৷ কাপোৰখন যথেষ্ট ডাঙৰ আৰু গধুৰ হোৱা বাবে সম্পূৰ্ণ হোৱাৰ পিছত সেইখন মেলিবলৈ আৰু সামৰিবলৈ প্ৰায় তিনিকুৰি মানুহৰ প্ৰয়োজন হৈছিল ৷ ৰামচৰণ ঠাকুৰৰ গুৰু চৰিতত আছে, সদায় তাঁতীকুছিলৈ গৈ শংকৰদেৱে কাপোৰ বোৱাৰ পিছত এদিন গা বেয়া হোৱাত মাধবদেৱক সেই কামৰ বাবে পাচিলে৷ সেইদিনা শংকৰদেৱে বোৱাতকৈ চাৰি আঙুল বেছিকৈ বোৱা বাবে শংকৰদেৱে মাধবদেৱক “বঢ়াৰ পো’’ উপাধি দিছিল৷ প্ৰদৰ্শন বৃন্দাবনী বস্ত্ৰ ছমাহত তিনিকুৰি হাত বোৱা হৈছিল৷ তেহে কাপৰ হল চমাহে তিনিকুৰি হাত ৰল তিনিকুৰি৷) তেতিয়া পাটবাউসীত থকা শংকৰদেৱে কাপোৰখন নি জাপি-কুচি জপাত সুমুৱাই থোৱা দেখি ভকতসকলে সেইখন চাব বিচাৰিলে৷ তাৰবাবে তেওঁ ওখকৈ বাঁহৰ চাং কৰি তাত নতু ঢাৰি পাাৰি বস্ত্ৰখন প্ৰদৰ্শন কৰিছিল৷ ওচৰৰ সকলো ঠাইৰ পৰা ভকতসকলে ঢাপলি মেলি চাবলৈ আহিল আৰু বস্ত্ৰৰ কাৰুকাৰ্য দেখি বিচূৰ্তি হৈ টকা-সিকা দি সেৱা কৰিলে৷ সেইসময়ত শংকৰদেৱৰ ধাত্ৰী চন্দৰী আই নাছিল৷ পিছত তেওঁ আহি পুনৰ চাব বিচৰাত, দেখুৱালে৷ চন্দৰী আয়ে বট গছৰ স্থান ভুলকৈ দিয়া দেখি ’যমুনা নৈৰ বাওঁ ফালেহে হ’ব লাগে’ বুলি কোৱাত শংকৰদেৱে নিজৰ ভুল শলাগিছিল৷ ৰজাক উপহাৰ শঙ্কৰদেৱে ইয়াৰ পিছত কাপোৰখন লৈ গৈ নৰনাৰায়ণ আৰু শুক্লধ্বজক দিলত, তেওঁলোকে ৰাজ সভাত তাক মেলাই চাই পৰম সন্তোষ লভি শঙ্কৰদেৱৰ ক্ষমতা দেখি বিস্ময় মানিলে।বছৰ পাৰ হোৱাত সম্পূৰ্ণ বস্ত্ৰ ৰজা নৰনাৰায়ণক দেখুৱাবলৈ জপাত ভৰাই লৈ যোৱা হ’ল আৰু ৰজা আৰু ৰাজপৰিয়ালক দেখুৱালে৷ সুৱৰ্ণৰ লাঠি হাতত লৈ শংকৰদেৱে বস্ত্ৰৰ ক’ত কি আছে বুজাই দেখুৱাই দিছিল৷ বস্ত্ৰৰ কাৰুকাৰ্য দেখি নৰনৰায়ণ আনন্দিত হ’ল আৰু শংকৰদেৱক মাটি-বাৰী দি সন্মান সহকাৰে নিজ ৰাজ্যত ৰাখিলে৷ তথ্যসূত্ৰ অসমৰ ঐতিহ্য বস্ত্ৰ বয়ন
4766
https://as.wikipedia.org/wiki/%E0%A6%A4%E0%A7%87%E0%A6%9C
তেজ
তেজ বা ৰক্ত হৈছে ৰক্তসংবহন তন্ত্ৰৰ লগত জড়িত এবিধ তৰল মাধ্যম। ই ৰক্তবাহিকাইদি খাদ্য, শ্বসন গেছ, ৰেচন দ্ৰব্য, হৰম'ন, এনজাইম আদি দ্ৰব্যবোৰ বিভিন্ন কলাসমূহলৈ প্ৰেৰণ কৰে আৰু কলাকোষসমূহত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছ আৰু অন্যান্য বিপাকীয় অলাগতিয়াল দ্ৰব্যসমূহ সংগ্ৰহ কৰি নিৰ্দিষ্ট স্থানলৈ কঢ়িয়াই নিয়ে। তেজ এবিধ তৰল সংযোজক কলা। ই প্লাজমা আৰু ৰক্তকণিকাৰে গঠিত। তেজত প্লাজমাৰ পৰিমাণ ৫৫ শতাংশ আৰু ৰক্তকণিকাৰ পৰিমাণ ৪৫ শতাংশ। তেজৰ ৰক্তকণিকাসমূহ প্লাজমাত ওপঙি থাকে আৰু তেজৰ সোঁতত ইহঁত প্ৰবহমান হৈ থাকে এজন সুস্থ মানুহৰ দেহত শৰীৰৰ ওজনৰ ৮% তেজ থাকে। গঠন প্লাজমা ৰক্তকণিকাবিহীন তেজৰ তৰল অংশই হ'ল প্লাজমা। ইয়াৰ ৰং পাতল হালধীয়া। ই কিছুমান অজৈৱিক আৰু জৈৱিক উপাদানেৰে গঠিত। অজৈৱিক উপাদানসমূহ হ'ল: ছডিয়াম, পটাছিয়াম, মেগনেছিয়াম, আইৰণ ক্ল'ৰাইড, বাইকাৰ্বনেট, ছালফেট, ফছফেট, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰ'জেন ইত্যাদি। জৈৱিক উপাদানসমূহ হ'ল: প্ৰটিন, কাৰ্বহাইড্ৰেট, লিপিড, হৰম'ন, এনমিয়া, ইউৰিয়া, ইউৰিক এচিড, এণ্টিবডি ইত্যাদি। প্লাজমাত খাদ্যৰ সৰল অৱস্থাসমূহ যেনে- গ্লুক'জ, এমিন' এচিদ ইত্যাদি দ্ৰৱীভূত হৈ থাকে। প্লাজমাত থকা এই দ্ৰৱিত বস্তুবোৰৰ বাবে প্লাজমাৰ এটা আঠালতীয়া গুণ থাকে। এমনিয়া, ইউৰিয়া আৰু ইউৰিক এচিড আদি যৌগবোৰ প্লাজমাত থকা অলাগতিয়াল নাইট্ৰ'জেন জাতীয় ৰেচন দ্ৰব্য। দেহৰ পৰা উলিয়াই দিয়াৰ উদেশ্যে প্লাজমাই এইবোৰক উৎপন্ন হোৱা স্থানৰ পৰা ৰেচন অংগসমূহলৈ কঢ়িয়াই নিয়ে। প্লাজমাৰ ক্ৰিয়াসমূহ ৰক্তকণাবোৰ শৰীৰৰ বিভিন্ন অংশলৈ যাওঁতে বাহন হিচাপে কাম কৰে। কোষৰ শ্বসন কাৰ্যৰ ফলত কোষবোৰত যি কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় তাক বাইকাৰ্বনেট আয়ন হিচাবে কলাসমূহৰপৰা আনি হাঁওফাঁওৰ বায়ুত এৰি দিয়ে। খোৱা খাদ্য খাদ্যনলীত পচন হোৱাৰ পাছত পুষ্টিকৰ দ্ৰৱ্য সমূহ শৰীৰৰ সকলো অংশৰ কলাসমূহলৈ লৈ যায়। শৰীৰৰ গঠন, বৰ্ধন আৰু কিছুমান জৈৱিক ক্ৰিয়া নিয়ন্ত্ৰণকাৰী হৰম'নহীন গ্ৰন্থিৰপৰা বিভিন্ন কাৰ্যকৰ অংগলৈ কঢ়িয়াই নিয়ে। বিপাকৰ ফলত শৰীৰত সৃষ্টি হোৱা বিভিন্ন ৰেচন দব্য ৰেচন অংগসমূহলৈ কঢ়িয়াই নিয়ে। প্লাজমাত দ্ৰৱিতহৈ থকা ফাইব্ৰিন'জেন আৰু প্ৰ'থ্ৰমবিন নামৰ দুবিধ প্ৰটিনে কোনো ঠাইত আঘাত পাই তেজ ওলালে তেজ গোট মৰাট অংশগ্ৰহণ কৰে। ৰক্তকণিকা তেজত তিনিবিধ ৰক্তকণিকা পোৱা যায়: লোহিত ৰক্তকণিকা শ্বেত ৰক্তকণিকা আৰু অনুচক্ৰিকা লোহিত ৰক্তকণিকা লোহিত ৰক্তকণিকাবোৰ আকাৰত সৰু। ইয়াৰ আকৃতি এখন ক্ষুদ্ৰ উভয়াতল থালৰ )ৰ নিচিনা। মানুহৰ লগতে আন তন্যপায়ী প্ৰাণীৰ লোহিত ৰক্তকণিকাৰ কোষকেন্দ্ৰ নাথাকে। স্তন্যপায়ী প্ৰাণীৰ ভিতৰত কেৱল উটৰ লোহিত ৰক্তকণাহে কোষকেন্দ্ৰযুক্ত। সেয়ে ইহঁতৰ আকৃতি চেপেটা। অস্তন্যপায়ী মেৰুদণ্ডী প্ৰাণীৰ লোহিত ৰক্তকণিকাবোৰ কোষকেন্দ্ৰযুক্ত আৰু মাজ অংশ উঠঙা। ৰক্ত ৰক্তকণিকাবোৰত হিম’গ্ল’বিন নামৰ এবিধ ৰঙা শ্বাসৰঞ্জক থাকে আৰু ইয়াৰ বাবেই তেজৰ ৰং ৰঙা হয়। লোহিত ৰক্তকণিকাৰ মুখ্য কাৰ্য হ'ল- ইয়াত থকা হিম’গ্ল’বিনৰ দ্বাৰা হাঁওফাঁওৰ পৰা অক্সিজেন কঢ়িয়াই বিভিন্ন কলাসমূহক যোগান ধৰা। সাধাৰণ স্বাস্থ্যৰ পূৰ্ণবয়স্ক পুৰুষ এজনৰ প্ৰতি ঘন মিলিমিটাৰ তেজত লোহিত ৰক্তকণিকা থাকে গড়ে ৫.০-৫.৫ মিলিয়ন আৰু মহিলাৰ তেজত থাকে গড়ে ৪.৫-৪.৫ মিলিয়ন। বয়স অনুসৰি এই সংখ্যাৰ তাৰতময হয়। বাসস্থানৰ উচ্চতা অনুসৰিও লোহিত ৰক্তকণিকাৰ পৰিমাণত ভিন্নতা আহে। লোহিত ৰক্তকণিকাবোৰে সিহঁতৰ কোষৰসত যথেষ্ট পৰিমাণে হিম’গ্ল’বিন সংৰক্ষণ কৰিব পাৰে। হিম’গ্ল’বিন হ'ল লোহিত ৰক্তকণিকাত থকা অক্সিজেন কঢ়িওৱা এটা বৰণ সুস্থ মানুহৰ প্ৰতি ১০০ মি.লি. তেজত ১২-১৬ গ্ৰাম পৰ্যন্ত হিম’গ্ল’বিন থাকে। প্ৰত্যেক গ্ৰাম হিম’গ্ল’বিনে প্ৰায় ১.৩৯ মি.লি. অক্সিজেন বান্ধি ৰাখিব পাৰে। লোহিত ৰক্তকণিকাৰ ক্ৰিয়াসমূহ লোহিত ৰক্তকণিকাৰ মুখ্য কাৰ্য হ'ল অক্সিজেনৰ পৰিবহণ। ইয়াত অক্সিজেনৰ প্ৰতি অতি আসক্তি থকা হিম’গ্ল’বিন যৌগই অক্সিজেনৰ লগত অক্সিহিম’গ্ল’বিন নামৰ অস্থায়ী যৌগৰ সৃষ্টি কৰি ইয়াক হাঁওফাঁওৰ পৰা কলা-কোষবোৰলৈ কঢ়িয়াই লৈ যায়। কলাকোষৰপৰা ওলোৱা কাৰ্বন ডাই অক্সাইড, বাইকাৰ্বনেট হিচাবে হাঁওফাঁওলৈ কঢ়িয়াই অনাত লোহিত ৰক্তকণিকাবোৰে সহায় কৰে। লোহিত ৰক্তকণিকাবোৰে ইহঁতৰ গাত থকা হিম’গ্ল’বিনৰ দ্বাৰা তেজৰ -ৰ মান স্থিৰ কৰি ৰাখে। লোহিত ৰক্তকণিকাই প্ৰটিন খাদ্যৰপৰা ওলোৱা এমিন' এচিদবোৰ শোষণ স্থানৰপৰা কঢ়িয়াই নি দেহৰ কোষবোৰক যোগান ধৰে। ইয়াৰ কোষবোৰে তেজত ধনাত্মক আৰু ঋণাত্মক আয়নৰ সমতা ৰক্ষা কৰে। তেজৰ আদ্ৰতা ৰক্ষা কৰাত লোহিত ৰক্তকণিকাবোৰে বিশেষ ভূমিকা পালন কৰে। শ্বেত ৰক্তকণিকা শ্বেত ৰক্তকণিকাবোৰ বৰণহীন আৰু কোষকেন্দ্ৰযুক্ত। ইয়াৰ কোষকেন্দ্ৰৰ আকাৰ ভিন্ন প্ৰকাৰৰ। কিছুমান শ্বেতৰক্তকণিকাৰ কোষপ্ৰৰস দানাযুক্ত আৰু আন কিছুমান দানাবিহীন ইয়াৰ ওপৰত ভিত্তি কৰি শ্বেতৰক্তকণিকাসমূহক 'দানাযুক্ত শ্বেত ৰক্তকণিকা' আৰু 'দানাবিহীন শ্বেত ৰক্তকণিকা' এই দুটা ভাগত ভগোৱা হৈছে। দানাযুক্ত শ্বেত ৰক্তকণিকা দানাযুক্ত শ্বেত ৰক্তকণিকাৰ কোষৰ চাইট'প্লাজম কণিকাময় বা দানাযুক্ত। দানাযুক্ত শ্বেত ৰক্তকণিকা আকৌ তিনি প্ৰকাৰৰ: 'নিউ'ট্ৰফিল' 'ইয়ছিন'ফিল' আৰু 'বেছ'ফিল' নিউ'ট্ৰফিল: এইবিধ শ্বেত ৰক্তকণিকাৰ কোষকেন্দ্ৰ বহুখণ্ডযুক্ত। ইয়াৰ চাইট'প্লাজম দানাযুক্ত আৰু অম্ল তথা ক্ষাৰযুক্ত দুবিধ ৰঞ্জৰদ্বাৰা গঠিত। এইবোৰ কোষে শৰীৰ আক্ৰমণকাৰী বীজাণু কোষীয় গ্ৰাস বা ফেগ'চাইট'ছিছ প্ৰক্ৰিয়াৰ দ্বাৰা বিনাশ কৰে আৰু দেহক বীজাণুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। এই কোষবোৰ ৰসায়ন সংবেদী অৰ্থাৎ এই কোষবোৰে দেহৰ কোনো স্থানত জীবাণুৱে উৎপন্ন কৰা অনিষ্টকাৰী দ্ৰব্যৰ উপস্থিতিৰ উমান অতি সহজে পায় আৰু সংক্ৰমিত স্থানলৈ গৈ জীবাণুবোৰ ধ্বংস কৰে। এনে কাৰ্য কৰিবলৈ নিউট্ৰ'ফিল কোষোৰ তেজৰ কৈশিক নলীৰ বেৰৰ অতি সৃক্ষ্ম বিন্ধাবোৰেদি আকৃতিৰ পৰিবৰ্তন ঘটাই আন্তঃকোষীয় স্থানলৈ ওলাই আহে। এই পৰিঘটনাক ডায়েপেডেছিছ বোলা হয়। ইয়'ছিন'ফিল: এইবিধ শ্বেত ৰক্তকণিকাৰ কোষকেন্দ্ৰ দ্বিখণ্ডযু্ক্ত। অম্লযুক্ত ৰঞ্জকেৰে ইয়'ছিন'ফিলৰ কোষৰ দানাবোৰ ৰঞ্জিত হয়। শৰীৰত কোনো পৰজীৱিয়ে প্ৰৱেশ কৰি থিতাপি ললে ইয়'ছিন'ফিল অপৰ্যাপ্ত পৰিমাণে উৎপন্ন হয় আৰু পৰজীৱিয়ে উৎপন্ন কৰা কলাসমূহলৈ যায়। পৰজীৱি বোৰ অন্তঃভক্ষণ কৰিবলৈ ডাঙৰ হোৱা বাবে ইয়'ছিন'ফিলবোৰে পৰজীৱিৰ গাত লাগি ধৰি কেতবোৰ দ্ৰব্য উৎপন্ন কৰি এৰি দিয়ে আৰু এই দ্ৰব্যবোৰেই পৰজীৱিক মৃত্যু ঘটায়। ইয়'ছিন'ফিলৰ আৰু এটা বৈশিষ্ট্য যে কোনো কলাত যদি কোনো প্ৰকাৰৰ এলাৰ্জিৰ বাবে বিক্ৰিয়া ঘটে তেন্তে সিহঁতে সেই ঠাইত জুম বান্ধেগৈ। বেছ'ফিল: এইবিধ শ্বেত ৰক্তকণিকাৰ কোষকেন্দ্ৰ ত্ৰিখণ্ডযুক্ত। ইহঁতৰ দানাযুক্ত চাইট'প্লাজম ক্ষাৰযুক্ত ৰঞ্জকেৰে ৰঞ্জিত হয়। তেজত থকা বেছ'ফিলকণা আৰু তাৰ লগতে কেতবোৰ ৰক্তকেশিকাৰ বাহিৰফালে থকা মাষ্টকোষে হেপাৰিণ নামৰ এবিধ দ্ৰব্য প্ৰস্তুত কৰে। বেছ'ফিল আৰু মাষ্টকোষ এই দুয়োবিধ কোষে প্ৰস্তুত কৰা হেপাৰিণ তেজৰ দ্বাৰা প্ৰৱাহিত হৈ থাকে। এই হেপাৰিণৰ বাবেই ৰক্তপ্ৰৱাহৰ ভিতৰত তেজ গোট নামাৰে বা চেকুৰা নাবান্ধে। তদুপৰি কোনো ৰক্তবাহিকাৰ বেৰত কোনো স্নেহকণা লাগি থাকিলে তাক সহজে এৰোৱাই পুনৰ তেজৰ সোঁতত যাব পৰা কৰে। কিছুমাণ এলাৰ্জিৰ ক্ষেত্ৰত বেছ'ফিল আৰু মাষ্টকোষবোৰে গুৰোত্বপূৰ্ণ ভূমিকা লোৱা দেখা যায়। যি ধৰণৰ এণ্টিবডিৰ উপস্থিতিত সেই বিশেষ এলাৰ্জি হয় তেনে এণ্টিবডিবোৰ এই দুবিধ শ্বেতকণাৰ লগত বান্ধখাই পৰাৰ প্ৰৱণতা দেখা যায়। এই প্ৰৱণতাই শৰীৰক এক বিশেষ ধৰণৰ অসংক্ৰমণতাৰ সুৰক্ষা দিয়ে। দানাবিহীন শ্বেত ৰক্তকণিকা এইবিধ শ্বেত ৰক্তকণিকাৰ চাইট'প্লাজমত কোনো ধৰণৰ দানা নাথাকে। দানাবিহীন শ্বেত ৰক্তকণিকাবোৰ দুই প্ৰকাৰৰ: 'মন'চাইট' আৰু 'লিম্ফ'চাইট' মন'চাইট: এইবিধ ৰক্তকণিকাৰ আকাৰ আটাইটকৈ ডাঙৰ। কোষকেন্দ্ৰ বৃক্কাকৃতিৰ। বেক্টেৰিয়া বা আন কোনো ধৰণৰ বীজাণু তেজত প্ৰৱেশ কৰিলে মন'চাইট বোৰ কৌশিক নলীৰপৰা ওলাই গৈ কলাত সুমুৱাই আৰু ফেগ'ছাইটিছৰ দ্বাৰা বীজাণুবোৰ গ্ৰাস কৰি সংক্ৰমণৰ পৰা দেহক ৰক্ষা কৰে। এনে কাৰ্যত মন'চাইট বোৰৰ আকাৰ অতিকৈ বৃদ্ধি পায়। মন'চাইট ৰ এনে অৱস্থাক মেক্ৰ'ফেজ বোলা হয়। লিম্ফ'চাইট: এইবিধ ৰক্তকণিকা দানাবিহীন। ইহঁতৰ কোষকেন্দ্ৰ ডাঙৰ আৰু গোলাকাৰ। এইবিধ ৰক্তকণিকাৰ প্ৰধান কাৰ্য হৈছে এণ্টিবডি সৃষ্টি কৰি দেহক বীজাণুৰ আক্ৰমণৰপৰা ৰক্ষা কৰা। লিম্ফ'চাইটবোৰ লসিকা গ্ৰন্থি বা আন লসিকাজনিত কলাত উৎপন্ন হৈ অনবৰত তেজৰ সোঁতলৈ আহি থাকে। অনুচক্ৰিকা অনুচক্ৰিকাবোৰ আটাইবোৰ ৰক্তকণাতকৈ সৰু। অনুচক্ৰিকাবোৰ ২-৪ মাইক্ৰকোণ ব্যাসৰ বৃত্তাকাৰ বা উপবৃত্তাকাৰ চাক একোটাৰ দৰে। এইবোৰক প্ৰকৃততে ৰক্তকোষ বুলিব নোৱাৰি। এইবোৰত কোষপ্ৰৰস থাকে যদিও কোষকেন্দ্ৰ নাথাকে। কোষকেন্দ্ৰ নাথাকিলেও অনুচক্ৰিকাবোৰত কোষপ্ৰৰসৰ ভালেমান অংগিকা থাকে বাবে কম সময়ৰ কাৰণে হ'লেও সিহঁতে গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে। অনুচক্ৰিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হ'ল ৰক্তবাহিকাৰপৰা হোৱা ৰক্তপাত বন্ধ কৰি শৰীৰত তেজৰ পৰিমাণ সংৰক্ষণ কৰা। এই প্ৰক্ৰিয়াক তেজৰ চেকুৰ মৰা বুলিও জনা যায়। ৰক্তদল খৃঃ ১৯০০-ত কাৰ্ল লেণ্ডিয়াৰ নামৰ অষ্ট্ৰীয়াৰ এগৰাকী চিকৎসাবিদে তেজ সংৰচনাৰ সময়ত দেখা দিয়া আঁহোৱাহসমূহ দূৰ কৰিবৰ বাবে চলোৱা পৰীক্ষা-নীৰিক্ষাত তেজৰ গ্ৰুপসমূহ আৱিস্কৃত হয়। তেজৰ গ্ৰুপ চাৰিটা- আৰু গাইগুটীয়াভাৱে সকলো মানুহৰ তেজৰ গ্ৰুপ এই চাৰিটাৰ ভিতৰত যিকোনো এটা হয়। তেজত দুই প্ৰকাৰৰ প্ৰ'টিন থাকে। এই প্ৰ'টিনে তেজ সংৰচনাৰ সময়ত বিশেষ ভূমিকা পালন কৰে। এই দুবিধ প্ৰ'টিনক এণ্টিজেন আৰু এণ্টিবডি বোলা হয়। ৰক্ত সংৰচনাৰ মূল ভেটি এয়ে যে একে এণ্টিজেন-এণ্টিবডি একেলগে থাকিব নোৱাৰে অৰ্থাৎ এণ্টিজেন আৰু এণ্টিবডি এণ্টিজেন আৰু এণ্টিবডি একেলগে থাকিব নোৱাৰে। ৰক্ত সংৰচনাৰ সময়ত দাতা আৰু গ্ৰহীতাৰ মাজত এনে ধৰণৰ বিসংগতি যাতে নহয় তাক চোৱাটোৱেই ৰক্তদলৰ মূল উদ্দেশ্য। বিভিন্ন ৰক্তদলৰ তেজত এণ্টিজেন-এণ্টিবডিৰ উপস্থিতি এনে ধৰণৰ: ৰক্তদলৰ লোহিতকণাত এণ্টিজেন- আৰু ইয়াৰ প্লাজমাত থাকে। ৰক্তদলৰ লোহিতকণাত এণ্টিজেন- আৰু ইয়াৰ প্লাজমাত থাকে। ৰক্তদলৰ লোহিতকণাত আৰু দুয়োবিধ থাকে কিন্তু ইয়াৰ প্লাজমাত কোনো এণ্টিবডি নাথাকে। ৰক্তদলৰ লোহিতকণাত কোনো এণ্টিজেন নাথাকে কিন্তু ইয়াৰ প্লাজমাত আৰু দুয়োবিধেই থাকে। ৰক্তদানৰ ক্ষেত্ৰত গ্ৰুপে সকলোকে, আৰু গ্ৰুপে গ্ৰুপক ৰক্ত দান কৰিব পাৰে। অৰ্থাৎ গ্ৰুপে কেৱল গ্ৰুপৰ, গ্ৰুপে আৰু গ্ৰুপৰ আৰু গ্ৰুপে আৰু গ্ৰুপৰ, গ্ৰুপে আৰু গ্ৰুপৰ তেজ গ্ৰহণ কৰিৰ পাৰে। ৰোগ তেজৰ ৰোগ, যাক ৰক্তজনিত বিকাৰ বুলিও কোৱা হয়, ই বহুতো অৱস্থা সামৰি লয় যিয়ে তেজৰ উপাদানৰ গঠন, কাৰ্য্য বা উৎপাদনত প্ৰভাৱ পেলায়। এই বিকাৰবোৰে ব্যক্তিৰ স্বাস্থ্যত যথেষ্ট ক্ষতি কৰিব পাৰে। কিছুমান সাধাৰণ তেজৰ ৰোগ হৈছে:- ৰক্তহীনতা: ৰক্তহীনতা হৈছে লোহিত ৰক্তকণিকা )ৰ অভাৱ বা অক্সিজেন কঢ়িয়াই নিয়াৰ বাবে দায়বদ্ধ আইৰণ সমৃদ্ধ প্ৰ'টিন হিম’গ্লবিনৰ মাত্ৰা কম হোৱা এটা প্ৰচলিত তেজৰ বিকাৰ। পুষ্টিৰ অভাৱ, দীৰ্ঘদিনীয়া ৰোগ, জিনীয় কাৰক আদি বিভিন্ন কাৰণত ৰক্তহীনতা হ’ব পাৰে। সাধাৰণ লক্ষণসমূহ হ’ল ভাগৰুৱা, দুৰ্বলতা, ছাল শেঁতা পৰা, উশাহ লোৱাত কষ্ট পোৱা। চিকিৎসা অন্তৰ্নিহিত কাৰণৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইয়াৰ ভিতৰত খাদ্য পৰিৱৰ্তন, আইৰণৰ পৰিপূৰক বা তেজ দিয়া আদি থাকিব পাৰে। লিউকেমিয়া: লিউকেমিয়া হৈছে হাড়ৰ মজ্জা আৰু তেজ গঠন কৰা কলাবোৰক প্ৰভাৱিত কৰা এক প্ৰকাৰৰ কৰ্কট ৰোগ। ইয়াৰ ফলত অপৰিপক্ক শ্বেত ৰক্তকণিকা অতিমাত্ৰা উৎপাদন হয়, যিয়ে সুস্থ ৰক্তকণিকাক ভিৰ কৰি পেলায়। লক্ষণসমূহ হ’ব পাৰে ক্লান্তি, সঘনাই সংক্ৰমণ, ঘাঁ হোৱা, তেজ ওলোৱা। লিউকেমিয়াৰ চিকিৎসাৰ বিকল্পসমূহ হ’ল কেমোথেৰাপি, ৰেডিয়’থেৰাপি, ষ্টেম চেল ট্ৰান্সপ্লাণ্ট। হিম’ফিলিয়া: হিম’ফিলিয়া হৈছে এক জিনীয় বিকাৰ যিয়ে তেজ সঠিকভাৱে জমা হোৱাৰ ক্ষমতাত ব্যাঘাত জন্মায়। হিম’ফিলিয়া ৰোগীয়ে আঘাত বা অস্ত্ৰোপচাৰৰ পিছত দীৰ্ঘদিন ধৰি ৰক্তক্ষৰণ অনুভৱ কৰিব পাৰে। ইয়াৰ কাৰণ হ’ল ক্লটিং ফেক্তৰৰ অভাৱ, যেনে: ফেক্তৰ (হিমোফিলিয়া বা ফেক্তৰ (হিমোফিলিয়া চিকিৎসাত হেৰাই যোৱা ক্লটিং ফ্যাক্টৰটো ইনফিউজনৰ জৰিয়তে সলনি কৰা হয়। থেলাছেমিয়া: থেলাছেমিয়া হৈছে বংশগতভাৱে হোৱা তেজৰ বিকাৰ, যাৰ বৈশিষ্ট্য হৈছে হিম’গ্লবিন উৎপাদনৰ অস্বাভাৱিকতা। তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ ফলত ৰক্তহীনতা আৰু অন্যান্য জটিলতা হ’ব পাৰে। লক্ষণসমূহ ভাগৰুৱা, ছাল শেঁতা পৰা, হাড়ৰ বিকৃতি হ’ব পাৰে। চিকিৎসা ভিন্ন হয় যদিও অতিৰিক্ত লোৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ তেজ সঞ্চালন আৰু আইৰণ চিলেচন থেৰাপীৰ প্ৰয়োজন হ’ব পাৰে। ছিকেল কোষ ৰোগ: ছিকেল কোষ ৰোগ হৈছে এনে এক জিনীয় অৱস্থা যিয়ে ৰক্তকণিকাবোৰৰ আকৃতি বেয়া আৰু কঠিন হৈ পৰে, যাৰ ফলত ৰক্তবাহী নলী বন্ধ হৈ যায় আৰু তীব্ৰ বিষৰ এপিচ’ড (সংকট) হয়। ই প্ৰধানকৈ আফ্ৰিকান, ভূমধ্যসাগৰীয় বা মধ্যপ্ৰাচ্যৰ বংশৰ ব্যক্তিক আক্ৰান্ত কৰে। চিকিৎসাৰ ক্ষেত্ৰত লক্ষণসমূহ পৰিচালনা কৰা আৰু জটিলতাসমূহ প্ৰতিৰোধ কৰাত গুৰুত্ব দিয়া হয়, প্ৰায়ে বিষ নিয়ন্ত্ৰণ আৰু তেজ সঞ্চালন প্ৰধান চিকিৎসা। পলিচাইথেমিয়া ভেৰা: পলিচাইথেমিয়া ভেৰা হৈছে এক বিৰল তেজৰ কৰ্কট ৰোগ যাৰ ফলত ৰক্তকণিকা অতিমাত্ৰা উৎপাদন হয়। ইয়াৰ ফলত তেজ জমা হোৱা, ষ্ট্ৰোক, আৰু অন্যান্য হৃদযন্ত্ৰৰ জটিলতা হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। চিকিৎসাৰ লক্ষ্য হৈছে ৰক্তকণিকাৰ সংখ্যা হ্ৰাস কৰা আৰু তেজৰ গোট গঠন হোৱাৰ সম্ভাৱনা কম কৰা, প্ৰায়ে ঔষধ আৰু তেজ আঁতৰোৱা (ফ্লেব’টমী) প্ৰধান চিকিৎসা। মাইলোডিছপ্লাষ্টিক চিনড্ৰম এম ডি এছ হৈছে হাড়ৰ মজ্জাৰ কাৰ্য্যক্ষমতা অস্বাভাৱিক হোৱাৰ ফলত হোৱা এটা বিকাৰৰ গোট, যাৰ ফলত সুস্থ ৰক্তকণিকাৰ অপৰ্যাপ্ত উৎপাদন হয়। লক্ষণসমূহ হ’ব পাৰে ভাগৰুৱা, সঘনাই সংক্ৰমণ, সহজে ঘাঁ হোৱা। উপপ্ৰকাৰ আৰু গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসাৰ বিকল্প ভিন্ন হয় আৰু ইয়াৰ ভিতৰত সহায়ক যত্ন, ঔষধ বা ষ্টেম চেল প্ৰতিস্থাপন আদি থাকিব পাৰে। এপ্লাষ্টিক এনিমিয়া: এপ্লাষ্টিক এনিমিয়া হৈছে এনে এক বিৰল অৱস্থা, য’ত হাড়ৰ মজ্জাই আৰ বি চি, শ্বেত ৰক্তকণিকা, প্লেটলেটকে ধৰি পৰ্যাপ্ত পৰিমাণৰ ৰক্তকণিকা উৎপাদন কৰিব নোৱাৰে। ই ৰেডিয়’থেৰাপি, কেমোথেৰাপি বা অটোইম্যুন ৰোগ আদি কাৰকৰ ফলত হ’ব পাৰে। চিকিৎসাৰ ক্ষেত্ৰত প্ৰায়ে তেজ সঞ্চালন আৰু ষ্টেম চেল প্ৰতিস্থাপন কৰা হয়। তেজ গোট মৰা বিকাৰ: তেজ গোট মৰা বিকাৰ যেনে ডিপ ভেইন থ্ৰম্ব’ছিছ আৰু হেমোষ্টেছিছৰ ফলত ক্ৰমে অত্যধিক তেজ জমা হোৱা বা তেজ জমা হোৱাত অসুবিধা হ’ব পাৰে। এই অৱস্থাৰ গুৰুতৰ পৰিণতি হ’ব পাৰে, যেনে হাৰ্ট এটেক আৰু ষ্ট্ৰোক। চিকিৎসাৰ বাবে তেজ পাতল কৰা ঔষধ, জীৱনশৈলীৰ পৰিৱৰ্তন, কেতিয়াবা অস্ত্ৰোপচাৰ আদিও কৰা হয়। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ শৰীৰতত্ত্ব প্ৰাণীৰ
9409
https://as.wikipedia.org/wiki/%E0%A6%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%BF%E0%A7%B0%E0%A6%BE%20%E0%A6%AE%E0%A6%BF%E0%A7%B0%E0%A6%BF
ইন্দিৰা মিৰি
ইন্দিৰা মিৰি আছিল অসমৰ এগৰাকী শিক্ষাবিদ, বিদূষী মহিলা, এ'ডিনবৰা বিশ্ববিদ্যালয়ত শিক্ষা লভা। তেখেতে কৰ্মজীৱনৰ আৰম্ভণিতে মেৰীয়া মণ্টেছৰীৰ পৰা প্ৰত্যক্ষভাৱে দীক্ষা পাইছিল। সৰুকালত তেখেতৰ নাম মেৰেং আছিল বুলি অনুৰাধা শৰ্মা পূজাৰীয়ে তেখেতৰ মেৰেং উপন্যাসত লিখিছে।মেৰেং ইন্দিৰা মিৰিৰ জীৱনভিত্তিক উপন্যাস। শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে ভাৰত চৰকাৰে ১৯৭৭ চনত ইন্দিৰা মিৰিক পদ্মশ্ৰী বঁটা প্ৰদান কৰে। ১৯৮৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে মিৰিক সন্মানীয় ডি লিট উপাধি প্ৰদান কৰিছিল। জন্ম আৰু পৰিয়াল ইন্দিৰা মিৰিৰ জন্ম হৈছিল ১৯১০ চনৰ বিজয়া দশমী তিথিত। তেওঁৰ পিতৃৰ নাম আছিল স্বৰ্গীয় ৰায়বাহাদুৰ সোণাধৰ সেনাপতি। তেওঁৰ ঘৰ আছিল শিৱসাগৰ জিলাৰ অৰ্জুনগুড়ি গাঁৱত। পাছত তেওঁ শ্বিলঙত ঘৰ লৈছিল। শিক্ষা দেউতাক সোণাধৰ সেনাপতিয়ে নিজৰ ল’ৰা-ছোৱালীক সমানে শিক্ষা দিব বিচাৰিছিল। সেই সময়ত শ্বিলঙত কোনো অসমীয়া মাধ্যমৰ বিদ্যালয় নাছিল। সেয়ে ইন্দিৰা মিৰিয়ে প্ৰথমতে বঙালী মাধ্যমতহে শিক্ষাগ্ৰহণ কৰিছিল। ইয়াৰ পিছত দেউতাকে ইন্দিৰা মিৰিক কলিকতাৰ বেথুন হাইস্কুলত নামভৰ্তি কৰাই দিয়েগৈ। ইয়াৰপৰাই সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হৈ ১৯৩২ চনত তেওঁ স্কটিছ চাৰ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। কলিকতা বিশ্ববিদ্যালয়ৰপৰা ১৯৪৩ চনত তেওঁ বি টি ডিগ্ৰী লাভ কৰে আৰু ককায়েক এম পি মহেন্দ্ৰ পাল দাসৰ লগত দিল্লীত থাকিবলৈ লয়। তেতিয়াৰ শিক্ষা মন্ত্ৰীৰ পৰামৰ্শক্ৰমে তেওঁ বিলাতত পঢ়িবলৈ যোৱাৰ সিদ্ধান্ত লয় আৰু সেইসূত্ৰে ১৯৪৫ চনত ইন্দিৰা মিৰি এ'ডিনবাৰ্গ বিশ্ববিদ্যালয়ত বি.এড পঢ়িবলৈ যুক্তৰাজ্যলৈ যাত্ৰা কৰে। তাৰপৰা বিএড ডিগ্ৰী লৈ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰপৰা শিক্ষক প্ৰশিক্ষণ বিষয়ত মানপত্ৰ লাভ কৰে। কৰ্ম জীৱন ১৯৪৭ চনত ইন্দিৰা মিৰি ভাৰতলৈ উভতি আহে। তাৰ পিছতে ভাৰত চৰকাৰে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সী (চমুকৈ নেফা)-ৰ অবিভক্ত লোকসকলৰ শিক্ষাৰ উন্নতিৰ কাৰণে শিক্ষা বিষয়া হিচাপে ইন্দিৰা মিৰিক নিয়োগ কৰে। তেওঁ ১৯৪৭ চনৰ অক্টোবৰ মাহত শদিয়াত শিক্ষা বিষয়া হিচাপে যোগদান কৰে। প্ৰথমতে, ইন্দিৰা মিৰিয়ে পাছিঘাট আৰু শদিয়া ভ্ৰমণ কৰে। সেই সময়তে তেওঁ শদিয়াত এটা শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰে। নেফাত চাকৰিত যোগদান কৰাৰ সময়ত সমগ্ৰ নেফা অঞ্চলত মাত্ৰ দুখন স্কুল আছিল। ইয়াৰে এখন আছিল পাছিঘাটত আৰু আনখন আছিল মেকাত (লোহিত জিলা)। মিৰিয়ে বিভিন্ন অঞ্চলৰ ভিতৰুৱা গাঁওসমূহ খোজকাঢ়ি অথবা হাতীৰ পিঠিত উঠি পৰিভ্ৰমণ কৰিছিল। ১৯৫০ চনৰ ভূমিকম্পত শদিয়াকে ধৰি নেফাৰ বহুতো ঠাইৰ ক্ষয়-ক্ষতি হয়। ইন্দিৰা মিৰিৰ নেতৃত্বত এই অঞ্চলসমূহত সাহায্য আগবঢ়োৱা হৈছিল। ১৯৫৭ চনত তেওঁ নেফাৰ পৰা গুছি আহে। সেই সময়ছোৱাত তেতিয়ালৈকে নেফাত প্ৰায় ১০০০খন বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। তাৰ পিছত ইন্দিৰা মিৰিয়ে যোৰহাটৰ বিটি কলেজত প্ৰতিষ্ঠাপক অধ্যক্ষ হিচেপে যোগদান কৰে। ১৯৬৮ চনত তাৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰে আৰু গুৱাহাটীলৈ উভতি আহে। গুৱাহাটীত তেওঁ বাণীকান্ত বি টি কলেজৰ অধ্যক্ষা হিচাপে নিযুক্ত হয়। এই পদৰপৰা ১৯৮৭ চনত অৱসৰ লয় আৰু সমাজ কল্যাণ পৰিষদত সভানেত্ৰী হিচাপে যোগদান কৰে। তেওঁ গুৱাহাটী কন্যা মহাবিদ্যালয়ৰো প্ৰতিষ্ঠাপক অধ্যক্ষা আছিল। ইয়াৰ উপৰি তেওঁ দুটা কাৰ্যকালৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য আছিল। ব্যক্তিগত জীৱন স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ অসমলৈ ঘূৰি আহে। তাৰ পিছতেই ১৯৩২ চনত তেওঁৰ পিতৃ সোণাধৰ সেনাপতিৰ কথামতে মিচিং সম্প্ৰদায়ৰে মহীচন্দ্ৰ মিৰিৰ লগত বিবাহ পাশত আৱদ্ধ হয়। মহীচন্দ্ৰ মিৰি অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক (চীফ জাৰভেটৰ অব ফৰেষ্টচ) আছিল। মহীৰ লগত কলিকতাত প্ৰেম আৰু পৰিণয় হোৱাৰ পাচত ইন্দিৰা কিছুদিন কাজিৰঙা আৰু যোৰহাটত থাকে, লগতে মহীৰ গাঁৱৰ ঘৰতো থাকে। উক্ত সময়তে তেখেতৰ সন্তান উৎপল মিৰি, চপলা মিৰি আৰু মৃণাল মিৰিৰ জন্ম হয়। কাজিৰঙাত মহী ক'লাজ্বৰত ঢুকোৱাৰ পাচত ইন্দিৰাই পিতৃৰ তথা মহীৰ (আগৰ) অনুপ্ৰেৰণাক্ৰমে পঢ়া-শুনা আৰু সমাজ সেৱাত মনোনিৱেশ কৰে; আৰু অসমৰ শিক্ষা-সমাজলৈ বৃহৎ অৱদান আগবঢ়ায়। বঁটা ১৯৭৭ চনত কেন্দ্ৰীয় চৰকাৰে ইন্দিৰা মিৰিক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। ১৯৭৭ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়-এ ডি লিট উপাধি প্ৰদান কৰে। ২০০৪ চনত অসম চৰকাৰে শংকৰদেৱ বঁটা প্ৰদান কৰে মৃত্যু ২০০৪ চনৰ ৫ ছেপ্তেম্বৰত ইন্দিৰা মিৰিৰ ৯৪ বছৰ বয়সত মৃত্যু হয়। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ইন্দিৰা মিৰিৰ বিষয়ে বিতংকৈ পঢ়ক অসমৰ ব্যক্তি অসমীয়া শিক্ষাবিদ মিচিং জনগোষ্ঠীৰ ব্যক্তি শ্ৰীমন্ত শংকৰদেৱ বঁটা
30975
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BE%E0%A6%97%E0%A7%8B%E0%A6%B2
মাগোল
মাগোল হৈছে জে. কে. ৰাউলিং ৰচিত হেৰী পটাৰ ছিৰিজত কোনো যাদুকৰী ক্ষমতা নথকা বা যাদুৰ জগতখনত জন্ম নোহোৱা মানুহক বুজাবলৈ ব্যৱহৃত এক শব্দ।মাগোলৰ কোনো যাদুকৰী তেজ নাথাকে। মাগোল শব্দটি স্কুইব বা মাগোল-জন্মা মাগোল-বৰ্ণ শব্দৰ পৰা পৃথক। স্কুইব শব্দই যাদুকৰ মাতা-পিতা থকা সত্বেও যাদুকৰী ক্ষমতা নথকা লোক আৰু মাগোল-জন্মা (অভব্য অৰ্থত লেতেৰা তেজ) শব্দই যাদু নজনা মানুহৰ ঘৰত জন্মা কিন্তু যাদুকৰী ক্ষমতা থকা লোকক বুজায়। মাগোল শব্দৰ আন আন অৰ্থও আছে যদিও তাৰ হেৰী পটাৰ ছিৰিজৰ লগত সম্পৰ্ক নাই। হেৰী পটাৰ শৃংখলাত ব্যৱহাৰ কিতাপকেইখনত মাগোল শব্দটি অৱজ্ঞাসূচক অৰ্থত ব্যৱহৃত হৈছে। মাগোলসকল যাদুকৰী সমাজৰ অন্তৰ্ভুক্ত নহয় কাৰণ তেওঁলোক যাদুকৰ বা যাদুকৰণী নহয়।ৰাউলিঙৰ মতে প্ৰতিবছৰে হগৱাৰ্ট্ছত নাম ভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ চাৰিভাগৰ এভাগেই মাগল-জন্মা। আনহাতে কিছুমানৰ মাক বা দেউতাকৰ কোনোবা এজনহে যাদুকৰ। এইসকলক অৰ্ধ-তেজ বা হাফব্লাড বোলা হয়। তদুপৰি কাৰোবাৰ পৰিয়ালত নতুনকৈ মাগোল অন্তৰ্ভুক্ত হ'লেও তেওঁলোকক অৰ্ধ-তেজ বোলা হয়। শৃংখলাটিৰ সবাতোকৈ উল্লেখযোগ্য মাগল-জন্মা চৰিত্ৰ হ'ল হাৰমাইনি গ্ৰিঞ্জাৰ যাৰ মাক দেউতাক দুয়োজন মাগোল। যি যাদুকৰ বা যাদুকৰণী বংশসূত্ৰে যাদুকৰ তেওঁক বিশুদ্ধ তেজ বোলা হয়। কিতাপসমূহত যাদু নজনা মানুহবোৰক মূৰ্খৰ ৰূপত উপস্থাপন কৰা হৈছে যিয়ে তেওঁলোকৰ মাজতে বৰ্তি থকা যাদুকৰী পৃথিৱী খনৰ কথা গম নাপায়। যদি দূৰ্ভাগ্যবশতঃ কোনোবা যাদু নজনা মানুহে যাদুকৰী কাৰ্য্য-কলাপ দেখা পায় তেতিয়া যাদু মন্ত্ৰণালয়ে স্মৃতিসংশোধনকাৰী পঠিয়াই তেওঁলোকৰ ওপৰত স্মৃতি-বিলোপ যাদু প্ৰয়োগ কৰি সেই ঘটনা পাহৰাই পেলায়। অৱশ্যে কিছুমান মাগলে যাদুকৰী পৃথিৱীখনৰ কথা গম পায়। সেই সকলৰ ভিতৰত যাদু জনা বিদ্যাৰ্থীৰ অভিভাৱক যেনে হাৰমাইনি গ্ৰিঞ্জাৰৰ মাক দেউতাক,মাগোল প্ৰধানমন্ত্ৰী(আৰু তেওঁৰ পূৰ্বসূৰী),ডাৰ্চলী পৰিয়াল(হেৰী পটাৰৰ একমাত্ৰ জীৱিত আত্মীয়) আৰু যাদুকৰ বা যাদুকৰণীৰ মাগোল পতি পত্নী। ৰাউলিঙে কোৱা মতে তেওঁ মাগোল শব্দটি ইংৰাজী 'মাগ' শব্দৰ পৰা সৃষ্টি কৰিছে যাৰ অৰ্থ হ'ল সহজতে মূৰ্খ সজাব পৰা মানুহ।ইয়াক কম অপমানসূচক কৰিবলৈ তেওঁ -গোল শব্দাংশ ব্যৱহাৰ কৰে। স্কটিক্ৰনিকণৰ লেখক এব্বট ৱাল্টাৰ বাৱাৰৰ মতে মাগোল মানে এজন 'ইংৰাজৰ নেজ'। এলিষ্টেয়াৰ মোফাটৰ কিতাপ 'এ হিষ্ট্ৰী অৱ দা ব'ৰ্ডাৰ্ছ ফ্ৰম আৰ্লি টাইমছ'ত কোৱা হৈছে যে ১৩শতাব্দীত স্কট সকলৰ মাজত এটা বিশ্বাস আছিল যে ইংৰাজসকলৰ নেজ থাকে। হেৰী পটাৰ কিতাপসমূহত এই শব্দটি ব্যৱহাৰ কৰা কাৰণে ৰাউলিঙো জৱাবদিহি হ'ব লগাত পৰিছিল। শৃংখলাটিৰ উল্লেখযোগ্য মাগোলসকল পিটুনিয়া ডাৰ্চলী হেৰীৰ জেঠায়েক ভাৰ্ণন ডাৰ্চলী হেৰীৰ জেঠু ডাডলী ডাৰ্চলী হেৰীৰ সম্বন্ধীয় ভাই মাৰ্জ ডাৰ্চলী ভাৰ্ণন ডাৰ্চলীৰ বায়েক। মাগোল প্ৰধানমন্ত্ৰী ফ্ৰেংক ব্ৰাইচ ৰিডল পৰিয়ালৰ মালী টম ৰিডল,জ্যেষ্ঠ ,লৰ্ড ভলডেমৰ্টৰ দেউতাক মিষ্টাৰ আৰু মিছেছ গ্ৰিঞ্জাৰ হাৰমাইনিৰ মাক-দেউতাক ট'বিয়াছ স্নেইপ চেভেৰাছ স্নেইপৰ পিতৃ মিষ্টাৰ ৰবাৰ্টছ ,কুইড্ডিচ বিশ্বকাপৰ সময়ত ৱিজলিহঁত থকা অঞ্চলটোৰ প্ৰবন্ধক পৰৱৰ্তী ব্যৱহাৰ বৰ্তমান মাগোল শব্দটি বিভিন্ন প্ৰসংগত ব্যৱহাৰ হয় যাৰ অৰ্থ হেৰী পটাৰ ছিৰিজত বুজোৱা অৰ্থৰ লগত কিছু পৰিমাণে একে। সাধাৰণতে কোনো এটা দলে আন কোনো বহিৰাগত দলক বুজাবলৈ এই শব্দটি ব্যৱহাৰ কৰে,ঠিক তেনেকুৱা যেনেকুৱাকৈ সৈন্যবাহিনীৰ লোকসকলে অসামৰিক শব্দটো ব্যৱহাৰ কৰে।মাত্ৰ কিতাপকেইখনত ইংৰাজী শব্দৰ প্ৰথম আখৰটো ডাঙৰ হাতৰ আখৰত আৰু বাকী সকলো ব্যৱহাৰত ইয়াক সৰু হাতৰ আখৰত লিখা হৈছে। ২০০৩ চনত মাগোল শব্দটি অক্সফ'ৰ্ড ইংলিছ ডিক্সনেৰীৰ অন্তৰ্ভুক্ত কৰা হয় যিয়ে কোনো এবিধ দক্ষতা নথকা ব্যক্তিক বুজায়। অনানুষ্ঠানিক ইংৰাজীত কিছুমান দলে,যিবোৰে তেওঁলোকৰ কাৰ্যকলাপ যাদুৰ লগত জড়িত বুলি কয়,আন বহিৰাগত দলক বুজাবলৈ মাগোল শব্দটি ব্যৱহাৰ কৰে। জিঅ'কেচ্চাৰ সকলে )ৰ বিষয়ে নজনা মানুহক মাগোল বুলি কয়।কোনো এটা কেচ্চ অংশগ্ৰহণ নকৰা কাৰোবাৰ দ্বাৰা প্ৰভাৱিত হ'লে তাক 'মাগোল্ড' বুলি কোৱা হয়। )ৰৱ কল্প বিজ্ঞান নাট্য শৃংখলা 'হিৰোজ'ত এটা কুকুৰৰ নাম আছিল মিঃ মাগল্ছ যাক বেনেট পৰিয়ালে কিনি লয়।লেখকৰ মতে কুকুৰটোৰ নামটো হেৰী পটাৰ ছিৰিজৰ লগত সংগতি ৰাখিয়েই দিয়া হৈছে কাৰণ হেৰীৰ দৰে ক্লেয়াৰ বেনেটকো এটা পৰিয়ালে তুলি লৈছিল যাৰ কোনো যাদুকৰী ক্ষমতা নাছিল। লছ কেম্পেছিন'ছ! এ মাগোল শব্দটি তেওঁলোকৰ গীত 'দা চি ইজ এ গুড প্লেচ টু থিংক এবাউট দা ফিউচাৰ'ত ব্যৱহাৰ কৰে। তদুপৰি সাঁতোৰবিদ সকলে সাঁতুৰিব নজনা মানুহক মাগোলৰ প্ৰতিশব্দ 'স্বাগোল' বুলি কয়। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ যাদুবিশ্ব হেৰী পটাৰ
75429
https://as.wikipedia.org/wiki/%E0%A6%8F%E0%A6%9B%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%A8%20%E0%A6%97%E0%A7%87%E0%A6%AE%E0%A6%9B
এছিয়ান গেমছ
এছিয়ান গেমছ যাক এছিয়াড বুলিও জনা যায়, হৈছে সমগ্ৰ এছিয়াৰ খেলুৱৈসকলৰ মাজত প্ৰতি চাৰি বছৰত অনুষ্ঠিত হোৱা এক মহাদেশীয় বহু-ক্ৰীড়া প্ৰতিযোগিতা। ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত প্ৰথমখন খেলৰ পৰা ১৯৭৮ চনৰ খেললৈকে এছিয়ান গেমছ ফেডাৰেশ্যনে (এজিএফ) এই খেলসমূহ নিয়ন্ত্ৰণ কৰিছিল। ১৯৮২ চনৰ গেমছৰ পৰা, এছিয়ান গেমছ ফেডাৰেচনৰ বিভাজনৰ পিছত, সেইবোৰ এছিয়াৰ অলিম্পিক কাউন্সিল (ওচিএ) ৰ দ্বাৰা আয়োজিত কৰা হৈছে। এই খেলসমূহক আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে স্বীকৃতি দিয়ে আৰু অলিম্পিক গেমছৰ পিছত ইয়াক দ্বিতীয় সৰ্ববৃহৎ মাল্টি-স্পোৰ্ট ইভেণ্ট হিচাপে বৰ্ণনা কৰা হয়। এছিয়ান গেমছ আয়োজন কৰা নখন ৰাষ্ট্ৰ আছে। ১৯৭৪ চনত ইজৰাইলৰ অন্তিম অংশগ্ৰহণৰ পিছত খেলসমূহৰ পৰা বাদ পৰা ইজৰাইলকে ধৰি ৪৬খন ৰাষ্ট্ৰই এই খেলত অংশগ্ৰহণ কৰিছে। আটাইতকৈ শেহতীয়া খেলবোৰ ১৮ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰ ২০১৮ লৈ ইণ্ডোনেছিয়াৰ জাকাৰ্টা আৰু পালেমবাঙত অনুষ্ঠিত হৈছিল। পৰৱৰ্তী খেলসমূহ চীনৰ হাংঝৌত ১০ ৰ পৰা ২৫ ছেপ্টেম্বৰ ২০২২ লৈ অনুষ্ঠিত হৈছিল। ২০১০ চনৰ পৰা, আয়োজক চহৰবোৰে এছিয়ান গেমছ আৰু এছিয়ান পেৰা গেমছ দুয়োটা পৰিচালনা কৰে, পিছৰটো শাৰীৰিক ভাৱে সক্ষম খেলুৱৈসকলৰ বাবে ইজনে সিজনৰ সৈতে প্ৰতিযোগিতা কৰা এক অনুষ্ঠান। এছিয়ান গেমছৰ ঠিক পিছতে এছিয়ান পেৰা গেমছ অনুষ্ঠিত হয়। ইতিহাস আগতীয়া গঠন ফাৰ ইষ্টাৰ্ণ চেম্পিয়নশ্বিপ গেমছ এছিয়ান গেমছৰ আগতে বিদ্যমান আছিল, পূৰ্বতে ১৯১২ চনত জাপান, ফিলিপাইনছ আৰু চীনত নিৰ্ধাৰিত স্থানৰ বাবে প্ৰস্তুত কৰা হৈছিল। উদ্বোধনী ফাৰ ইষ্টাৰ্ণ চেম্পিয়নশ্বিপ গেমছ ১৯১৩ চনত মানিলাত ৬খন অংশগ্ৰহণকাৰী ৰাষ্ট্ৰৰ সৈতে অনুষ্ঠিত হৈছিল। ১৯৩৪ চনৰ ভিতৰত দহখন ফাৰ ইষ্টাৰ্ণ গেমছ অনুষ্ঠিত হৈছিল। ১৯৩৪ চনত দ্বিতীয় চীন-জাপান যুদ্ধ, আৰু জাপানে মাঞ্চু সাম্ৰাজ্যক গেমছত প্ৰতিযোগী ৰাষ্ট্ৰ হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে জোৰ দিয়াৰ ফলত চীনে অংশগ্ৰহণৰ পৰা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। ১৯৩৮ চনৰ বাবে নিৰ্ধাৰিত ফাৰ ইষ্টাৰ্ণ গেমছ বাতিল কৰা আৰু সংগঠনটো বন্ধ কৰা হৈছিল। গঠন দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এছিয়াৰ কেইবাটাও অঞ্চললৈ সাৰ্বভৌমত্ব আহিছিল। ইয়াৰে বহুতো দেশে হিংসা অবিহনে এছিয়াৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছিল। ১৯৪৮ চনৰ লণ্ডন গ্ৰীষ্মকালীন অলিম্পিকত চীন আৰু ফিলিপাইনছৰ মাজত ফাৰ ইষ্টাৰ্ণ চেম্পিয়নশ্বিপৰ ধাৰণা পুনৰুদ্ধাৰৰ বাবে এক বাৰ্তালাপ আৰম্ভ হয়। ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ প্ৰতিনিধি গুৰু দত্ত সোন্ধীয়ে বিশ্বাস কৰিছিল যে ফাৰ ইষ্টাৰ্ণ চেম্পিয়নশ্বিপৰ পুনৰুদ্ধাৰে এছিয়াৰ ক্ৰীড়াত অনুষ্ঠিত হোৱা একতা আৰু কৃতিত্বৰ স্তৰপৰ্যাপ্তভাৱে প্ৰদৰ্শন কৰিব আৰু তেওঁ এক নতুন প্ৰতিযোগিতাৰ ধাৰণা প্ৰস্তাৱ কৰে যিটো এছিয়ান গেমছ হিচাপে আহিছিল। এছিয়ান এথলেটিক ফেডাৰেচন অৱশেষত গঠন কৰা হল। এই নতুন সংস্থাটোৰ বাবে চাৰ্টাৰৰ খচৰা প্ৰস্তুত কৰিবলৈ এখন প্ৰস্তুতি সমিতি গঠন কৰা হৈছিল। ১৯৪৯ চনৰ ১৩ ফেব্ৰুৱাৰীত এছিয়ান এথলেটিক ফেডাৰেচন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় আৰু নতুন দিল্লীত ১৯৫০ চনত অনুষ্ঠিত হ'বলগীয়া উদ্বোধনী আয়োজক চহৰ হিচাপে ঘোষণা কৰা হয়। সংকট, পুনৰুদ্ধাৰ, সম্প্ৰসাৰণ ১৯৬২ চনত এই খেলসমূহ কেইবাটাও সংকটৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয়। আয়োজক দেশ ইণ্ডোনেছিয়াই ৰাজনৈতিক স্বীকৃতিৰ বিষয়ত ইজৰাইল আৰু টাইৱানৰ অংশগ্ৰহণৰ অনুমতি দিবলৈ অস্বীকাৰ কৰে। আইঅচিয়ে খেলসমূহৰ পৃষ্ঠপোষকতা বাতিল কৰিছিল আৰু আইঅ'চিত ইণ্ডোনেছিয়াৰ সদস্যপদো বাতিল কৰিছিল। এছিয়ান ফুটবল কনফেডাৰেচন (এএফচি) আন্তঃৰাষ্ট্ৰীয় এমেচাৰ এথলেটিকছ ফেডাৰেচন (আইএএএফ) আৰু আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন ফেডাৰেশ্যনেও খেলসমূহৰ স্বীকৃতি আঁতৰাই দিয়ে। দক্ষিণ কোৰিয়াই ৰাষ্ট্ৰীয় সুৰক্ষা সংকটৰ ভিত্তিত ১৯৭০ চনৰ এছিয়ান গেমছ আয়োজনৰ পৰিকল্পনা ত্যাগ কৰিছিল; মূল কাৰণটো আছিল বিত্তীয় সংকট। পূৰ্বৱৰ্তী আয়োজক থাইলেণ্ডে দক্ষিণ কোৰিয়াৰ পৰা স্থানান্তৰিত পুঁজি ব্যৱহাৰ কৰি বেংককত খেল আয়োজন কৰিছিল। জাপানক আয়োজন কৰিবলৈ কোৱা হৈছিল কিন্তু সুযোগটো অস্বীকাৰ কৰিছিল কিয়নো তেওঁলোকে ইতিমধ্যে ওচাকাত এক্সপো '৭০ ৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আছিল। এই সংস্কৰণে এই গেমছৰ উদ্বোধনী দূৰদৰ্শনত সম্প্ৰচাৰ, বিশ্বব্যাপীত কৰিছিল। তেহৰাণত ১৯৭৪ চনত এই গেমছে চীন, উত্তৰ কোৰিয়া আৰু মঙ্গোলিয়াৰ অংশগ্ৰহণক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ে। আৰৱ বিশ্বৰ বিৰোধিতা স্বত্বেও ইজৰাইলক অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া হৈছিল, আনহাতে টাইৱানক অংশগ্ৰহণ অব্যাহত ৰাখিবলৈ অনুমতি দিয়া হৈছিল ("চীনা টাইপেই" হিচাপে) যদিও ১৯৭৩ চনৰ ১৬ নৱেম্বৰত গেমছ ফেডাৰেচনৰ দ্বাৰা সাধাৰণ সভাত ইয়াৰ স্থিতি বাতিল কৰা হৈছিল। ১৯৭৮ চনৰ গেমছৰ আগতে, পাকিস্তানে বিত্তীয় সংকট আৰু ৰাজনৈতিক সমস্যাৰ বাবে ১৯৭৫ চনৰ খেল আয়োজনৰ পৰিকল্পনা প্ৰত্যাহাৰ কৰে। থাইলেণ্ডে আয়োজনৰ প্ৰস্তাৱ আগবঢ়ায় আৰু খেলসমূহ বেংককত অনুষ্ঠিত হয়। ১৯৬২ চনৰ দৰে, ৰাজনৈতিক সমস্যা আৰু নিৰাপত্তাৰ আশংকাৰ মাজত টাইৱান আৰু ইজৰাইলক গেমছ ফেডাৰেচনৰ দ্বাৰা অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা হৈছিল। কেইবাটাও পৰিচালনা সমিতিয়ে এই নিষেধাজ্ঞাৰ প্ৰতিবাদ কৰিছিল। আইএএএফে অংশগ্ৰহণকাৰী খেলুৱৈসকলক ১৯৮০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ পৰা বাধা দিয়াৰ ভাবুকি দিছিল। খেল আৰম্ভ হোৱাৰ আগতে কেইবাখনো ৰাষ্ট্ৰই প্ৰত্যাহাৰ কৰে। এই অনুষ্ঠানবোৰে এছিয়াৰ ৰাষ্ট্ৰীয় অলিম্পিক সমিতিসমূহক এছিয়ান গেমছ ফেডাৰেচনৰ সংবিধান সংশোধন কৰিবলৈ নেতৃত্ব দিছিল। ইজৰাইলক বাদ দি ১৯৮১ চনৰ নৱেম্বৰমাহত এছিয়াৰ অলিম্পিক পৰিষদ গঠন কৰা হৈছিল। ভাৰতে ১৯৮২ চনত আয়োজন কৰাৰ কথা আছিল আৰু অচিএয়ে পুৰণি এজিএফ সময়সূচী বাদ নিদিয়াৰ সিদ্ধান্ত লৈছিল। ওচিএয়ে আনুষ্ঠানিকভাৱে দক্ষিণ কোৰিয়া ১৯৮৬ এছিয়ান গেমছৰ সৈতে খেলসমূহৰ তদাৰক কৰিবলৈ আৰম্ভ কৰিছিল। পৰৱৰ্তী খেলসমূহত টাইৱান (চীন গণৰাজ্য) ক পুনৰ ভৰ্তি কৰোৱা হয়, চীন গণৰাজ্যৰ হেঁচাত চীনা টাইপেই হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল ১৯৯৪ চনত এই খেলসমূহত ছোভিয়েট ইউনিয়নৰ প্ৰাক্তন গণৰাজ্যসমূহৰ উদ্বোধনী অংশগ্ৰহণ অন্তৰ্ভুক্ত আছিল: কাজাখস্তান, কিৰগিজস্তান, তাজিকিস্তান, তুৰ্কমেনিস্তান আৰু উজবেকিস্তান। এইটো ইয়াৰ ৰাজধানী চহৰৰ বাহিৰৰ এখন আয়োজক দেশত অনুষ্ঠিত উদ্বোধনী খেল আছিল। অৱশ্যে, ১৯৯০ চনৰ পাৰস্য উপসাগৰীয় যুদ্ধৰ বাবে ইৰাকক খেলৰ পৰা নিলম্বিত কৰা হৈছিল। ৰাজনৈতিক সমস্যাৰ বাবে উত্তৰ কোৰিয়াই খেলসমূহ বৰ্জন কৰিছিল। নেপালী প্ৰতিনিধি দলৰ মুৰব্বী নৰেশকুমাৰ অধিকাৰীৰ মৃত্যুৰ ফলত এই খেলৰ উদ্বোধনী অনুষ্ঠানত ইয়াক ক্ষতিগ্ৰস্ত কৰা হৈছিল। ১৯৯৮ চনৰ খেলসমূহে থাইলেণ্ডৰ বেংককত চতুৰ্থবাৰৰ বাবে খেলঅনুষ্ঠিত হৈছিল। উদ্বোধনী অনুষ্ঠানটো ৬ ডিচেম্বৰত হৈছিল; আগৰ খেল অনুষ্ঠিত হৈছিল ৯ ডিচেম্বৰত। ৰজা ভূমিবল আদুলিয়াদেজে খেলসমূহ মুকলি কৰিছিল; সামৰণি অনুষ্ঠানটো ২০ ডিচেম্বৰত হৈছিল (থাইলেণ্ডৰ দ্বাৰা আয়োজিত আগৰ সকলো খেলৰ সমান তাৰিখ)। চিহ্নসমূহ এছিয়ান গেমছ মুভমেণ্টে এছিয়ান গেমছ চাৰ্টাৰত সন্নিবিষ্ট আদৰ্শক প্ৰতিনিধিত্ব কৰিবলৈ প্ৰতীক ব্যৱহাৰ কৰে। এছিয়ান গেমছৰ মূলমন্ত্ৰ হৈছে "এভাৰ অনৱাৰ্ড" যাক গুৰু দত্ত সোন্ধীয়ে ১৯৪৯ চনত এছিয়ান গেমছ ফেডাৰেচন গঠনৰ ওপৰত ডিজাইন আৰু প্ৰস্তাৱ দিছিল। এছিয়ান গেমছৰ প্ৰতীকহৈছে ৰঙা ৰঙৰ এক উজ্জ্বল সূৰ্য আৰু ইয়াৰ ডিস্কৰ মাজত এটা বগা বৃত্ত যি এছিয়াৰ লোকসকলৰ সদায় উজ্জ্বল আৰু উষ্ণ আত্মাক প্ৰতিনিধিত্ব কৰে। শুভ পৰিৱেশ ১৯৮২ চনত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ পৰা এছিয়ান গেমছত এটা শুভংকৰ পৰিৱেশ আছিল, সাধাৰণতে অঞ্চলটোৰ স্থানীয় প্ৰাণী আৰু মানৱ ব্যক্তিত্বই সাংস্কৃতিক ঐতিহ্যক প্ৰতিনিধিত্ব কৰিছিল। অ'চিএৰ সদস্যপদ অনুসৰি, আন্তঃমহাদেশীয় কাজাখস্তানে এছিয়ান গেমছত অংশগ্ৰহণ কৰে কিন্তু ইজিপ্তে চিনাইত এছিয়াৰ ক্ষুদ্ৰ অঞ্চল থকা দেশ হিচাপে অংশগ্ৰহণ নকৰে, ইয়াৰ পৰিৱৰ্তে আফ্ৰিকান গেমছত অংশগ্ৰহণ কৰে। এছিয়ান গেমছৰ সলনি ইউৰোপীয় ক্ৰীড়াত অংশগ্ৰহণ কৰা বিভিন্ন দেশ যাৰ মুখ্য ভৌগোলিক অংশ এছিয়া মহাদেশত অৱস্থিত: তুৰ্কী আৰু ৰাছিয়া/ছোভিয়েট ইউনিয়ন, প্ৰায় সম্পূৰ্ণৰূপে এছিয়াত: আজাৰবাইজান আৰু জৰ্জিয়া, সম্পূৰ্ণৰূপে এছিয়াত: চাইপ্ৰাছ, আৰ্মেনিয়া আৰু ইজৰাইল। ইতিহাসত, ৪৬খন ৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে (এন.ও.চি.) প্ৰতিযোগীসকলক খেললৈ প্ৰেৰণ কৰিছিল। ১৯৭৬ চনৰ পৰা ইজৰাইলক খেলৰ পৰা বাদ দিয়া হৈছে, যাৰ কাৰণ হৈছে নিৰাপত্তাজনিত কাৰণ। ইজৰাইলে ১৯৮২ চনৰ খেলসমূহত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছিল, কিন্তু মিউনিখ গণহত্যাৰ বাবে আয়োজকসকলে এই অনুৰোধ নাকচ কৰিছিল। ইজৰাইল এতিয়া ইউৰোপীয় অলিম্পিক সমিতিৰ (ইঅচি) সদস্য আৰু ইউৰোপীয় গেমছত প্ৰতিযোগিতা কৰে। টাইৱান, পেলেষ্টাইন, হংকং আৰু মাকাউৱে ওচিএৰ সদস্যপদ অনুসৰি এছিয়ান গেমছত অংশগ্ৰহণ কৰে। ইয়াৰ অব্যাহত অস্পষ্ট ৰাজনৈতিক স্থিতিৰ বাবে, টাইৱানে ১৯৯০ চনৰ পৰা চীনা টাইপেইৰ পতাকাৰ তলত খেলত অংশগ্ৰহণ কৰে। অলিম্পিক গেমছত অংশগ্ৰহণৰ বাবে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে (আইঅ'চি) স্বীকৃতি নোপোৱা স্বত্বেও মাকাও এনঅ'চিক এছিয়ান গেমছত এনঅ'চি হিচাপে প্ৰতিযোগিতা কৰিবলৈ অনুমতি দিয়া হৈছিল। ২০০৭ চনত অ'চিএৰ সভাপতি শ্বেখ আহমেদ আল-ফাহাদ আল-আহমেদ আল-চাবাহে অষ্ট্ৰেলিয়াক খেলত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়াৰ প্ৰস্তাৱ নাকচ কৰে। তেওঁ কয় যে যদিও অষ্ট্ৰেলিয়াই এছিয়ান গেমছত ভাল মূল্য যোগ কৰিব, ই ওচেনিয়া ৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ (অ'এনঅ'চি) প্ৰতি অন্যায় হ'ব। ও.এন.ও.চি., অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ সদস্য হোৱাৰ বাবে ২০১৫ চনৰ পৰা প্ৰশান্ত মহাসাগৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰে। ২০১৭ চনৰ এছিয়ান শীতকালীন ক্ৰীড়াত অষ্ট্ৰেলিয়াৰ অংশগ্ৰহণৰ পিছত ২০১৭ চনত এই প্ৰস্তাৱটো পুনৰ উত্থাপন কৰা হৈছিল কিয়নো তেওঁলোকে ২০২২ বা ২০২৬ চনৰ পৰা সম্পূৰ্ণ এছিয়ান গেমছৰ সদস্য হোৱাৰ বাবে আলোচনাত বহিছিল। অৱশ্যে, অষ্ট্ৰেলিয়ান অলিম্পিক কমিটিয়ে ঘোষণা কৰে যে অষ্ট্ৰেলিয়াক ২০২২ চনৰ গেমছৰ বাবে খেলুৱৈৰ এটা সৰু দলক অনুমতি প্ৰদান কৰা হ'ব, যেতিয়ালৈকে বাস্কেটবল আৰু ভলীবলৰ দৰে গ্ৰীষ্মকালীন অলিম্পিক ইভেণ্টৰ অৰ্হতা এছিয়াৰ মাজেৰে হয়। ভাৰত, ইণ্ডোনেছিয়া, জাপান, ফিলিপাইনছ, শ্ৰীলংকা, ছিংগাপুৰ আৰু থাইলেণ্ড এই মাত্ৰ সাতখন দেশ যিয়ে খেলসমূহৰ সকলো সংস্কৰণত অংশগ্ৰহণ কৰিছে। এছিয়ান গেমছৰ তালিকা খেলসমূহ এছিয়ান গেমছৰ সংস্কৰণৰ দ্বাৰা অনুষ্ঠানৰ সংস্কৰণৰ গড় হৈছে সংস্কৰণ অনুসৰি ২৪টা ক্ৰীড়াৰ সৈতে প্ৰায় ২৬০টা ইভেণ্ট। 39টা বিভিন্ন শাখা আৰু প্ৰায় 400টা ইভেণ্টত বিস্তৃত 51টা ক্ৰীড়া ইণ্ডোনেছিয়াত 2018 চনৰ গেমছকে ধৰি এটা বা আন সময়ত এছিয়ান গেমছ কাৰ্যসূচীৰ অংশ হৈ আছে। সংস্কৰণটোত সৰ্বাধিক সংখ্যক ইভেণ্ট আছিল গুয়াংঝৌ 2010 গেমছ, য'ত 42খন ক্ৰীড়াত 476টা ইভেণ্ট বিতৰ্কিত হৈছিল। সংস্কৰণ আৰু স্থানীয় আয়োজক সমিতিৰ দাবী অনুসৰি অনুষ্ঠানৰ সংখ্যা পৃথক হয়, লগতে আয়োজক দেশৰ দাবী। এইটো 2011 চনত প্ৰতিষ্ঠা কৰা হৈছিল যে গেমছ কাৰ্যসূচীয়ে অলিম্পিক গেমছ কাৰ্যসূচীৰ অন্তিম পৰিৱৰ্তনবোৰক সন্মান জনাব আৰু ইয়াৰ সৈতে, এছিয়াৰ আঠটা অত্যন্ত জনপ্ৰিয় ক্ৰীড়া কাৰ্যসূচীত আছে, লগতে স্থানীয় সংগঠনে বাছনি কৰা 7 টালৈকে। শাখাসমূহ পদক গণনা খেলসমূহৰ ইতিহাসত অংশগ্ৰহণ কৰা ৪৬খন ৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ ভিতৰত ৪৩খন ৰাষ্ট্ৰই প্ৰতিযোগিতাখনত কমেও এটা পদক জিকিছে, যাৰ ফলত তিনিখন ৰাষ্ট্ৰ: ভূটান, মালদ্বীপ আৰু টিমুৰ-লেষ্টে এতিয়াও এটাও পদক জিকিব পৰা নাই। ৩৮খন ৰাষ্ট্ৰই কমেও এটা সোণৰ পদক জিকিছে (কেৱল জাপান আৰু ভাৰতে প্ৰতিটো এছিয়ান গেমছত ভাগ লৈছে), আনহাতে জাপান আৰু চীন ইতিহাসৰ কেৱল দুখন ৰাষ্ট্ৰ যি সামগ্ৰিক চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰিছে। শতবাৰ্ষিকী উৎসৱ ৮ নৱেম্বৰ ২০১২ তাৰিখে, অ'চিএ-য়ে মাকাওত ইয়াৰ ৩১ তম সাধাৰণ সভাত অৰিয়েণ্টেল গেমছৰ ১০০তম বাৰ্ষিকী উদযাপনত এছিয়ান গেমছ চেণ্টেনেল ফেষ্টিভেল নামৰ এক বিশেষ বহু-ক্ৰীড়া অনুষ্ঠান সৃষ্টি কৰাৰ সিদ্ধান্ত লয় (পিছলৈ ফাৰ ইষ্টাৰ্ণ চেম্পিয়নশ্বিপ গেমছ ত পৰিণত হয়)। অচিএয়ে ফিলিপাইনছক হোষ্টিং অধিকাৰ প্ৰদান কৰিছিল কিয়নো ই আগৰ ১০০ বছৰৰ আয়োজক আছিল। অনুষ্ঠানটো মূলতঃ ২৭ ৰ পৰা ২৯ নৱেম্বৰ ২০১৩ তাৰিখে মালয়ৰ বৰাকে দ্বীপত অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু টাইফুন হাইয়ানৰ চাৰিওফালৰ ঘটনাৰ বাবে, ইয়াক জানুৱাৰী ২০১৪ লৈ স্থানান্তৰ কৰা হৈছিল। তথ্য সংগ্ৰহ ক্ৰীড়া
81801
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%AA-%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A7%83%E0%A6%A4%E0%A6%BF%E0%A7%B0%20%E0%A7%B0%E0%A6%A3%E0%A6%BE%E0%A6%99%E0%A7%8D%E0%A6%97%E0%A6%A8
শিল্প-সংস্কৃতিৰ ৰণাঙ্গন
শিল্প-সংস্কৃতিৰ ৰণাঙ্গন হৈছে অসমৰ বিশিষ্ট সমালোচক-সাহিত্যিক ড০ হীৰেন গোহাঁইৰ দ্বাৰা লিখিত আৰু ঐকান্তিক প্ৰকাশন গোষ্ঠীৰ দ্বাৰা সংকলিত এখনি সমালোচনাত্মক গ্ৰন্থ৷ গ্ৰন্থখনৰ ভাষা অসমীয়া৷ ২৬ টা ভিন্নধৰ্মী বিষয়ত আধাৰিত গ্ৰন্থখনৰ লেখাসমূহ মুঠতে ছটা ভাগত বিভক্ত আৰু লেখাসমূহ লেখকৰ দ্বাৰা ভিন ভিন সময়ত লিখা হৈছে৷ সমালোচকৰ চমু পৰিচয় হীৰেন গোহাঁই অসমীয়া আৰু ইংৰাজী সাহিত্যৰ এগৰাকী সাহিত্যিক আৰু সমালোচক। ইয়াৰ উপৰিও তেওঁ এগৰাকী কবি, সাংবাদিক, শিক্ষাবিদ আৰু শিক্ষক। তেওঁ ১৯৩৯ চনত অসমৰ গোলাঘাট চহৰত জন্মগ্ৰহণ কৰিছিল। গোহাঁইৰ পিতৃ মহেন্দ্ৰনাথ গোহাঁই আৰু মাতৃ শৰৎকুমাৰী গোহাঁই। মহেন্দ্ৰ নাথ গোহাঁই শিক্ষক আছিল। তেওঁ পূৰ্বে গুৱাহাটী আৰু বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আছিল আৰু অৱসৰৰ পাছত আৰ্য বিদ্যাপীঠত অধ্যক্ষৰূপে কাম কৰিছিল। অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা" শীৰ্ষক গ্ৰন্থৰ বাবে ১৯৮৯ চনত ড॰ হীৰেন গোহাঁইক সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল। উল্লিখিত গ্ৰন্থখন ১৯৮৭ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত প্ৰকাশ পাইছিল। গ্ৰন্থৰ নেপথ্য গ্ৰন্থখনৰ আগকথাত লেখক-সমালোচক ড০ হীৰেন গোহাঁয়ে ভ্ৰাতৃপ্ৰতীম শোণিত বিজয় দাসৰ পৰামৰ্শ মতে বিশেষ গ্ৰন্থখন যুগুতাইছে বুলি প্ৰকাশ কৰিছে৷ কিছুমান প্ৰবন্ধ পুৰণি কিতাপৰ পৰা সংগৃহীত৷ ড০ হীৰেন গোহাঁয়ে কৈছে-বিশুদ্ধ ৰাজনীতিৰ বিতৰ্কিত আৰু বিৰক্তিকৰ উচ্চগ্ৰামৰ তথা জনাৱেগমুখী ভাষণধৰ্মী ৰচনাৰ ঠাইত কিছু চিন্তামূলক আৰু ভাবোদ্দীপক লেখাৰ সংকলন হওক বুলি লেখাবোৰ একত্ৰিত কৰিছোঁ৷ তথাপি ইয়াৰ মূল স্বৰ হ'ল প্ৰচলিত আৰু প্ৰথাগত ধ্যান-ধাৰণাৰ প্ৰতি প্ৰত্যাহ্বান৷... গ্ৰন্থখনৰ বিষয়বস্তু গ্ৰন্থখনত সন্নিৱিষ্ট হোৱা লেখাসমূহ মুঠতে ছটা ভিন্ন অধ্যায়ত বিভক্ত৷ প্ৰথমটো ভাগত থকা বিষয়সমূহ হৈছে: (১) জ্যোতিপ্ৰসাদৰপৰা ভূপেন হাজৰিকালৈ:প্ৰতিভা আৰু প্ৰেৰণাৰ উৎস সন্ধান, (এই লেখাটো ২০১৮ চনৰ ১৭ জুনত জ্যোতিপ্ৰসাদ স্মাৰক বক্তৃতাত দিয়া বক্তব্যৰ লিখিত ৰূপ) (২) ঢেকিয়াল ফুকন আৰু অসমৰ নৱজাগৰণৰ ধাৰণা,(এই লেখাটো ২০০৩ চনৰ ২৪ ছেপ্টেম্বৰত দ্বিতীয় আনন্দৰাম ঢেকিয়াল ফুকন স্মাৰক বক্তৃতাৰ দিয়া বক্তব্যৰ লিখিত ৰূপ) (৩) সংকট কালত গম্ভীৰ কলা-সংস্কৃতিৰ চৰ্চা (অজিৎ বৰুৱা স্মাৰক বক্তৃতা, ১৯ আগষ্ট, ২০২১ ৰ লিখিত ৰূপ) দ্বিতীয়টো ভাগত থকা বিষয়সমূহ হৈছে: (১) অদ্বিতীয় বেজবৰুৱা, (বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে, ২০ অক্টোবৰ ২০১৩, নগাঁৱত দিয়া ভাষণ) (২) অজিৎ বৰুৱা কবিসত্তা আৰু ব্যক্তিসত্তা, (৩) জ্যোতিপ্ৰসাদৰ পথ-পৰিক্ৰমাৰ মানচিত্ৰ তৃতীয়টো ভাগত থকা বিষয়সমূহ হৈছে: (১) বিষ্ণু ৰাভা ৰচনাৱলী:এটি টোকা (২) অনিল ৰায়চৌধুৰীৰ 'নামনি অসমৰ সামাজিক পটভূমি' (৩) হীৰেন ভট্টাচাৰ্যৰ ৰংশিঙা খংশিঙা (৪) হীৰেন ভট্টাচাৰ্যৰ কবিতা (৫) 'যাত্ৰা' হৰেকৃষ্ণ ডেকাৰ অনবদ্য সৃষ্টি (৬) 'আধুনিকোত্তৰ' মৰীচিকাৰ অণুসৰণত (৭) প্ৰসঙ্গ বিষ্ণু ৰাভা-চৰ্চা চতুৰ্থটো ভাগত থকা বিষয়সমূহ হৈছে: (১) আইনষ্টাইনৰ ৰাজনৈতিক জীৱন (২) এ'ৰিক হবছবওম আৰু ইতিহাসৰ পৰিহাস পঞ্চমটো ভাগত থকা বিষয়সমূহ হৈছে: (১) মানুহ শঙ্কৰদেৱ (২) গণতন্ত্ৰ আৰু জনগণৰ অধিকাৰ (৩) বিজ্ঞানমনস্কতা আৰু আমাৰ সমাজ (৪) ধৰ্ম আৰু ৰাজনীতি ষষ্ঠ ভাগত থকা বিষয়সমূহ হৈছে: (১) ভূপেন হাজৰিকাৰ সত্তা: চমুটোকা (২) ভূপেন হাজৰিকাক লৈ প্ৰশ্ন (৩) সাম্প্ৰতিক অসমীয়া গান (৪) ইতিহাসৰ পৰিহাস (৫) আধুনিকতাবাদৰ উৎস আৰু চৰিত্ৰ: এটি প্ৰশ্ন (৬) ঢেকিয়াল ফুকন বিতৰ্ক (৭) সমাগত প্ৰলয় আৰু অন্যান্য আলোচনা লেখক-সমালোচক ড০ হীৰেন গোহাঁয়ে গ্ৰন্থখনিত অসমীয়া সাহিত্য-সংস্কৃতি আৰু কলাজগতৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ জীৱন, আদৰ্শ আৰু কৰ্মৰাজিৰ বিষয়ে বৰ্ণনা কৰিছে৷ ১৯৮৫ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে বৃহত্তৰ খাৰঘূলি শঙ্কৰ জন্মোৎসৱৰ আলোচনা সভাত আগবঢ়োৱা এটা বক্তৃতাৰ পৰিৱৰ্ধিত ৰূপক এই গ্ৰন্থখনত মানুহ শঙ্কৰদেৱ শিৰোনামেৰে ঠাই দিয়া হৈছে৷ সমালোচকগৰাকীয়ে শঙ্কৰদেৱৰ প্ৰসংগত উল্লেখ কৰিছে জীৱনত তেওঁ তেওঁৰ আদৰ্শ তথা ভাবধাৰাৰ বাবে অহৰহ সংগ্ৰাম কৰিবলগীয়া হৈছিল, হতাশা আৰু ব্যৰ্থতাৰ লগত প্ৰায়েই তেওঁৰ পৰিচয় হৈছিল, অসন্মান আৰু অপমান, তিক্ততা আৰু নিৰাশাৰ অন্ধকাৰে তেওঁৰ প্ৰতিভাও মাজে-মাজে আৱৰি ধৰিছিল৷ আৰু সেই সকলো বাধা-বিঘিনি, গ্লানি-হতাশা তেওঁ জয় কৰিব পাৰিছিল ঐকান্তিক আদৰ্শনিষ্ঠা আৰু অপৰাজেয় মনোবলেৰে৷ একেদৰে সাম্প্ৰতিক অসমীয়া গান শীৰ্ষক প্ৰবন্ধটোত সমালোচকগৰাকীয়ে নিজৰ মত পোষণ কৰিছে এইদৰে- আজিকালিৰ গায়কে পুৰণা আধুনিক গীতবোৰ গাওঁতেও স্বৰৰ সৃষ্টিশীল প্ৰয়োগৰ অভাৱত সেইবোৰে প্ৰাণস্পন্দন হেৰুৱায়৷ নিৰ্জীৱ অনুকৰণ যেনহে লাগে৷ তথ্য সংগ্ৰহ অসমীয়া গ্ৰন্থ
8843
https://as.wikipedia.org/wiki/%E0%A6%97%E0%A6%9C%E0%A7%87%E0%A6%A8%20%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE
গজেন বৰুৱা
গজেন বৰুৱা এজন অসমীয়া নৃত্যশিল্পী আৰু সাংস্কৃতিক কৰ্মী। ১৯১৫ চনত শোণিতপুৰ জিলাৰ তেজপুৰ মহকুমাৰ জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁৱত গজেন বৰুৱাৰ জন্ম হয়। নৃত্যশিল্পীৰূপে তেখেত ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰাৰ লগতে তেখেতে প্ৰথম অসমীয়া কথাছবি "জয়মতী"ত অভিনয় কৰিছিল। বিশাল সাংস্কৃতিক অৱদানৰ বাবে তেখেতক 'শোণিতকোঁৱৰ' উপাধিৰে অলংকৃত কৰা হৈছিল। কৰ্ম জীৱন ১৯৩৫ চনৰ শেষৰফালে নিজৰ পৰিয়াল আৰু বন্ধু-বান্ধৱৰ অজ্ঞাতে ঘৰৰ পৰা হঠাৎ ওলাই গৈ গজেন বৰুৱাই কলিকতাৰ শান্তিনিকেতনত উপস্থিত হৈ চিত্ৰাংকনৰ শিক্ষা লয়। তাৰপিছত কলিকতা এৰি লাহোৰৰ 'কেপিটেল চিনে ষ্টুডিঅ'ত সহকাৰী শিল্পী হিচাপে বৰুৱাই যোগদান কৰে আৰু সেই প্ৰতিষ্ঠানতে চিত্ৰকলাৰ এটা বিশেষ পাঠ্যক্ৰমো সম্পূৰ্ণ কৰে। পিছত লাহোৰ এৰি দিল্লীলৈ আহি বিখ্যাত নৃত্যবিদ গোপালকৃষ্ণনৰ লগত কাম কৰে। সত্ৰীয়া নৃত্যৰ লাস্যময়তাত সন্মোহিত হৈ গোপালকৃষ্ণনে বৰুৱাক তেওঁৰ "অৰিয়েণ্টেল বেলেট" নামৰ নৃত্য দলত অন্তৰ্ভুক্ত কৰে আৰু এই নৃত্যদলৰ পৰাই তেওঁ এগৰাকী ৰাষ্ট্ৰীয় মানবিশিষ্ট নৃত্যশিল্পী হিচাপে সমাদৃত হয়। দিল্লীত থকা সময়ছোৱাৰ ভিতৰত বিশ্ববিশ্ৰুত ফৰাচী নৃত্যপটীয়সী লা মেৰীৰ সৈতে বৰুৱাৰ সংযোগ ঘটে। পিছত মেৰীয়ে তেওঁৰ নৃত্যদলৰ লগত বৰুৱাক আদৰি লয় আৰু লাহোৰ, কৰাচী, বোম্বে, বৰোডা, ভূপাল, দিল্লী, কলিকতা, ঢাকা আদি ভাৰতৰ বিভিন্ন ঠাইত নৃত্য প্ৰদৰ্শন কৰে। লা মেৰী ফ্ৰান্সলৈ যোৱাৰ পিছত বৰুৱাই মাদ্ৰাজলৈ গৈ বিশ্বনাথন আৰু মাধৱ মেননৰ দৰে প্ৰসিদ্ধ নৃত্যবিদৰ ওচৰত কথাকলি আৰু অন্যান্য দক্ষিণ ভাৰতীয় নৃত্যধাৰাৰ চৰ্চা কৰে। ইয়াৰ পিছত চল্লিশৰ দশকৰ আৰম্ভণিতে "নটৰাজৱসী" নৃত্যদলত যোগদান কৰি অসমীয়া লোকনৃত্য আৰু সত্ৰীয়া নৃত্য পৰম্পৰাক ভাৰতৰ বাহিৰলৈ লৈ যোৱাৰ সুযোগ লাভ কৰে। এই অনুষ্ঠানৰ মাধ্যমেৰে তেওঁ ৰেংগুন, থাইলেণ্ড, ছিংগাপুৰ, হানয়, বলিভিয়া আৰু ভূটানৰ নানান ঠাইত নৃত্য পৰিৱেশন কৰে। বিদেশ ভ্ৰমণৰ পিছত জব্বলপুৰত নিজাববীয়াকৈ এখন সংগীত বিদ্যালয় খুলি ছাত্ৰ-ছাত্ৰীৰ সহযোগত এটা নতুন নাট্যদলৰ গঠন কৰে। সাংস্কৃতিক জীৱন সৰু কালৰে পৰা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ শিল্প-চেতনা আৰু কৰ্ম আঁচনিয়ে বৰুৱাক গভীৰভাৱে আকৃষ্ট কৰে আৰু তেওঁলোকৰ সান্নিধ্য আৰু সংস্পৰ্শলৈ অহাৰ লগে লগে বৰুৱাৰ সন্মুখত সৃষ্টিশীল প্ৰতিভা প্ৰকাশৰ পথ উন্মোচিত হৈ পৰে। তেওঁৰ সুন্দৰ চেহেৰা আৰু মধুৰ আচৰণৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাক মুগ্ধ কৰে। সেয়ে প্ৰথম অসমীয়া কথাছবি জয়মতীৰ "ৰাজকোঁৱৰ"ৰ চৰিত্ৰাভিনয়ৰ বাবে বৰুৱাক নিৰ্বাচন কৰে। বৰুৱাৰ সফল চৰিত্ৰ ৰূপায়ণ আৰু তেওঁৰ জাপি নৃত্যই জয়মতীৰ জয়যাত্ৰাত এক যোগাত্মক মাত্ৰা প্ৰদান কৰে। ১৯৪৪ চনত বৰুৱাদেৱে কলিকতাত 'কামৰূপ কলা ভৱন' নামেৰে এটি নৃত্য-চৰ্চা কেন্দ্ৰ স্থাপন কৰি কামৰূপী, সত্ৰীয়া আৰু অন্যান্য জনগোষ্ঠীয় নৃত্য-শিক্ষাৰ ব্যৱস্থা কৰে। ১৯৪৬-৪৭ চনত তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ ভালেমান ঠাইত নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও জনগোষ্ঠীয় নৃত্য-কলাৰ পৰম্পৰাও আয়ত্ত কৰে। ৪০ৰ দশকৰ শেষৰফালে তেখেতে নিজৰ জন্মস্থান জামুগুৰি আৰু ইয়াৰ শ্ৰমজীৱী জনগণৰ গ্ৰাম্য চিন্তা-চেতনা, সমাজিক আচৰণ, ৰীতি-নীতি, পৰম্পৰাগত কৰ্মকাণ্ডৰ প্ৰতি আগ্ৰহাম্বিত হয়। ঘৰলৈ আহিয়েই "কৃষ্টি বিকাশ কেন্দ্ৰ" নামৰ অনুষ্ঠান খুলি ভালেসংখ্যক যুৱক-যুৱতীক অনুপ্ৰাণিত কৰাৰ উপৰিও ৰাজ্যৰ বিভিন্ন ঠাইত নৃত্য-গীত পৰিৱেশন কৰে। জামুগুৰীহাটত "বাপুজী ভৱন ৰংগমঞ্চ"ৰ প্ৰাণ প্ৰতিষ্ঠা কৰি থৈ যোৱা ব্যক্তিজনে জীৱনৰ শেষত ১৮-২০ বছৰ বৰুৱাদেৱে শংকৰী নাট-ভাওনা সংস্কৃতি প্ৰদৰ্শন কৰা বাৰেচহৰীয়া ভাওনাৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ সমস্ত চিন্তা-ভাৱনা আৰু কৰ্ম নিয়োজিত কৰে। তেওঁ বাৰেচহৰীয়া ভাওনাৰ বাবে থলী নিৰ্মাণৰ লগতে সুন্দৰ পট আঁকি উলিওৱাৰ লগতে বাৰেচহৰীয়া ভাওনাৰ আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক, নন্দনতাত্তিক মূল্যায়ন সম্পৰ্কীয় ভালেমান তথ্যগধূৰ নিবন্ধ লিখি ইংৰাজী আৰু হিন্দী ভাষাত সৰ্বভাৰতীয় শীৰ্ষস্থানীয় সংবাদ-পত্ৰত প্ৰকাশ কৰি ভাৰতৰ ভিতৰে-বাহিৰে বিশ্বৰ এই সাংস্কৃতিক পৰম্পৰাক জনাজাত কৰি তুলিলে। মৃত্যু এই শিল্পীগৰাকীয়ে ১০৩৪-৩৫ চনৰপৰা ১৯৭৩-৭৪ চন পৰ্যন্ত বিৰামহীনভাৱে সৰ্বভাৰতত অসমীয়া নৃত্যকলাৰ উৎকৰ্ষ, ইয়াৰ প্ৰসাৰ-প্ৰচাৰৰ বাবে উৎসৰ্গিত সেৱা আগবঢ়াই ১৯৭৭ চনৰ ২১ জানুৱাৰীৰ দিনা ৬২ বছৰ বয়সত মৃত্যুক সাৱটি লয়। তথ্য সংগ্ৰহ অসমৰ ব্যক্তি অসমীয়া
96460
https://as.wikipedia.org/wiki/%E0%A6%B9%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%81%20%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A7%8B%E0%A6%A4%E0%A6%BF%E0%A6%B7%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE
হিন্দু জ্যোতিষবিদ্যা
জ্যোতিষ বা জ্যোতিষ্য (সংস্কৃতত জ্যোতি শব্দৰ অৰ্থ পোহৰ বা দৈৱিক সত্তা) হৈছে হিন্দুসকলৰ মাজত প্ৰচলিত জ্যোতিষবিদ্যাৰ পৰম্পৰাগত ব্যৱস্থা। ইয়াক হিন্দু জ্যোতিষ, ভাৰতীয় জ্যোতিষ বা বৈদিক জ্যোতিষ নামেৰেও জনা যায়। বেদৰ অধ্যয়নৰ সৈতে সম্পৰ্কিত হিন্দু ধৰ্মৰ ছটা সহায়ক শাখাৰ ভিতৰত ই অন্যতম। বেদাংগ জ্যোতিষ হৈছে বেদৰ অন্তৰ্গত জ্যোতিৰ্বিজ্ঞানৰ প্ৰাচীনতম গ্ৰন্থসমূহৰ ভিতৰত অন্যতম। কিছুসংখ্যক বিদ্বানৰ মতে ভাৰতীয় উপমহাদেশত চলি থকা ৰাশিফলৰ জ্যোতিষ বিদ্যা গ্ৰীক সভ্যতাৰ হেলেনিষ্টিক প্ৰভাৱৰ পৰাই উদ্ভৱ হৈছিল। কিন্তু এয়া এক বিতৰ্কিত বিষয় আৰু কিছুসংখ্যক বিদ্বানৰ মতে ভাৰতীয় বা হিন্দু জ্যোতিষৰ বিকাশ স্বতন্ত্ৰভাৱে হৈছিল যদিও ই এসময়ত গ্ৰীক জ্যোতিষৰ সংস্পৰ্শলৈ আহিছিল। ২০০১ চনত অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে জ্যোতিষৰ সপক্ষে দিয়া ৰায়দানৰ পিছত বৰ্তমান সময়ত ভাৰতৰ কিছুসংখ্যক বিশ্ববিদ্যালয়ে হিন্দু জ্যোতিষত উচ্চ ডিগ্ৰী প্ৰদান কৰিছে। বৈজ্ঞানিক ঐকমত অনুযায়ী জ্যোতিষ বা জ্যোতিষবিদ্যা এক ছদ্মবিজ্ঞান ব্যুৎপত্তি মনিয়েৰ-উইলিয়ামছে মত প্ৰকাশ কৰে যে জ্যোতিষ শব্দটোৰ অৰ্থ হৈছে পোহৰ, যেনে সূৰ্য্য, চন্দ্ৰ বা কোনো দৈৱিক সত্তাৰ পোহৰ। জ্যোতিষ শব্দটোৰ ভিতৰত জ্যোতিৰ্বিজ্ঞান, জ্যোতিষ বিদ্যা আৰু মহাকাশীয় বস্তুৰ গতিবিধি লক্ষ্য আৰু ব্যৱহাৰ কৰি সময় নিৰ্ধাৰণৰ বিজ্ঞানৰ অধ্যয়ন অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ প্ৰধান লক্ষ্য আছিল সময় নিৰ্ধাৰণ, বৰ্ষপঞ্জী, বৈদিক ৰীতি-নীতিৰ বাবে শুভ সময়ৰ পূৰ্বনিৰ্ধাৰণ কৰা আদি। ইতিহাস আৰু মূল নীতি বৈদিক ৰীতি-নীতিৰ বাবে ব্যৱহাৰ কৰা ছটা সহায়ক শাখা অৰ্থাৎ বেদাঙ্গসমূহৰ ভিতৰত জ্যোতিষ অন্যতম। প্ৰাৰম্ভিক কালৰ জ্যোতিষত যজ্ঞ বা আচাৰ-অনুষ্ঠানৰ তাৰিখ নিৰ্ধাৰণৰ বাবে বৰ্ষপঞ্জী প্ৰস্তুত কৰাৰ বিষয়ে আছে। ইয়াত গ্ৰহৰ বিষয়ে কোনো কথা উল্লেখ নাই। অথৰ্ববেদ আৰু চান্দোগ্য উপনিষদত গ্ৰহণৰ কাৰক হিচাপে দানৱৰ বিষয়ে উল্লেখ আছে। চান্দোগ্য উপনিষদত ৰাহুৰ (সূৰ্যগ্ৰহণ আৰু উল্কাপিণ্ডৰ কাৰণ বুলি বিশ্বাস কৰা এক সত্তা) বিষয়ে উল্লেখ আছে। গ্ৰহ শব্দটোৱে (গ্ৰহ) প্ৰথমে অসুৰ বুজাইছিল। ঋগ্বেদত গ্ৰহণৰ কাৰক হিচাপে স্বৰভানু নামৰ এজন অসুৰৰ কথাও উল্লেখ আছে। কিন্তু স্বৰভানুৰ ক্ষেত্ৰত গ্ৰহ শব্দটো পৰৱৰ্তী কালৰ মহাভাৰত আৰু ৰামায়ণৰ সময়লৈকে প্ৰয়োগ কৰা হোৱা নাছিল। হিন্দু জ্যোতিষৰ মূল ভেটি হৈছে বেদত উল্লিখিত বন্ধুৰ (বন্ধনৰ সৈতে সংযুক্ত) ধাৰণা। ই হৈছে অণুবিশ্ব আৰু বৃহৎ বিশ্বৰ সংযোগ। এই প্ৰথা প্ৰধানকৈ নক্ষত্ৰীয় ৰাশিৰ ওপৰত নিৰ্ভৰশীল। ই পশ্চিমীয়া (হেলেনিষ্টিক) জ্যোতিষত ব্যৱহৃত গ্ৰীষ্মমণ্ডলীয় ৰাশিৰ সৈতে একে নহয়। হিন্দু জ্যোতিষত হেলেনিষ্টিক জ্যোতিষত নোপোৱা বহুকেইটা উপাদানৰ সৈতে ব্যাখ্যা আৰু ভৱিষ্যদ্বাণীৰ কেইবাটাও সূক্ষ্ম উপ-ব্যৱস্থাও অন্তৰ্ভুক্ত কৰা হৈছে। উদাহৰণস্বৰূপে, ইয়াৰ চন্দ্ৰ ভৱনৰ ব্যৱস্থাৰ (নক্ষত্ৰ) কথা ক'ব পাৰি। হেলেনিষ্টিক জ্যোতিষৰ সংস্পৰ্শৰ পিছতহে ভাৰতত গ্ৰহৰ ক্ৰম সাতদিনীয়া সপ্তাহৰ হিচাপত নিৰ্ধাৰণ কৰা হৈছিল। হেলেনিষ্টিক জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞানেও মেষ ৰাশিৰ পৰা আৰম্ভ হোৱা ১২টা ৰাশি আৰু আৰোহীৰ পৰা আৰম্ভ হোৱা ১২টা জ্যোতিষ স্থানৰ সানমিহলি ঘটায়। ভাৰতত গ্ৰীক জ্যোতিষৰ প্ৰৱৰ্তনৰ প্ৰথৰ্টো প্ৰমাণ হৈছে যৱনজাতক আৰু ইয়াৰ আনুমানিক কাল আৰম্ভণিৰ খ্ৰীষ্টীয় শতিকাসমূহ।যৱনজাতক খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰ সময়ছোৱাত যৱনেশ্বৰে গ্ৰীক ভাষাৰ পৰা সংস্কৃতলৈ অনুবাদ কৰিছিল। এই গ্ৰন্থখনক সংস্কৃত ভাষাৰ প্ৰথম ভাৰতীয় জ্যোতিষ সম্পৰ্কীয় গ্ৰন্থ বুলি গণ্য কৰা হয়। কিন্তু বৰ্তমানেও অক্ষত অৱস্থাত থকা একমাত্ৰ সংস্কৰণটো হৈছে খ্ৰীষ্টীয় ২৭০ চনৰ স্ফুজিধ্বজৰ কাব্য ৰূপৰ সংস্কৰণ। ভাৰতীয় জ্যোতিৰ্বিজ্ঞানৰ গ্ৰন্থসমূহৰ ভিতৰত আৰ্য্যভট্টৰ (জন্ম: ৪৭৬ খ্ৰীষ্টাব্দ) আৰ্য্যভটীয় গ্ৰন্থতেই প্ৰথম সপ্তাহৰ দিনটোৰ সংজ্ঞা দিয়া হৈছিল। মিচিঅ' ইয়ানোৰ মত অনুসৰি যৱনজাতক আৰু আৰ্য্যভটীয়ৰ ৰচনাৰ মাজৰ ৩০০ বছৰমান কালৰ ভিতৰত ভাৰতীয় জ্যোতিৰ্বিজ্ঞানীসকলে নিশ্চয় গ্ৰীক জ্যোতিৰ্বিজ্ঞানক ভাৰতীয়কৰণ আৰু সংস্কৃতকৰণ কৰাৰ কামত ব্যস্ত আছিল। এই ৩০০ বছৰৰ জ্যোতিৰ্বিজ্ঞানৰ গ্ৰন্থসমূহ পাবলৈ নাই। বৰাহমিহিৰৰ পিছৰ কালৰপঞ্চাসিদ্ধান্তিকাত ষষ্ঠ শতিকাৰ পাঁচখন ভাৰতীয় জ্যোতিৰ্বিজ্ঞান পাঠৰ সাৰাংশ সন্নিৱিষ্ট কৰা হৈছে। ভাৰতীয় জ্যোতিৰ্বিজ্ঞানে গ্ৰীক জ্যোতিৰ্বিজ্ঞানৰ পুৰণি টলেমিক যুগৰ কিছুসংখ্যক উপাদান সংৰক্ষণ কৰি ৰাখিছিল। ধ্ৰুপদী ভাৰতীয় জ্যোতিষ আধাৰিত মূল গ্ৰন্থসমূহ বুলিলে প্ৰাথমিক কালৰ মধ্যযুগীয় সংকলনসমূহকে ধৰা হয়। ইয়াৰ ভিতৰত বৃহৎ পৰাশৰ হোৰাশাস্ত্ৰ আৰু কল্যাণবাৰ্মাৰসাৰাৱলী উল্লেখযোগ্য। হোৰাশাস্ত্ৰ ৭১টা অধ্যায়ৰ এখন গ্ৰন্থ। কল্যাণবাৰ্মাৰ সাৰাৱলী প্ৰায় ৮০০ চনত ৰচিত। এন এন কৃষ্ণ ৰাউ আৰু ভি বি চৌধাৰীয়ে ক্ৰমে ১৯৬৩ আৰু ১৯৬১ চনত এই গ্ৰন্থসমূহৰ ইংৰাজী অনুবাদ প্ৰকাশ কৰিছিল। আধুনিক হিন্দু জ্যোতিষ বহুসংখ্যক হিন্দু লোকৰ জীৱনত জ্যোতিষবিদ্যা লোকবিশ্বাসৰ এক গুৰুত্বপূৰ্ণ দিশ। হিন্দু সংস্কৃতিত নৱজাতকৰ নামকৰণ পৰম্পৰাগতভাৱে কুণ্ডলীৰ ওপৰত ভিত্তি কৰি কৰা হয়। জ্যোতিষৰ ধাৰণাসমূহ বৰ্ষপঞ্জী, বিবাহ, নতুন ব্যৱসায়ৰ আৰম্ভণি, বা গৃহপ্ৰৱেশ আদিৰ দৰে ডাঙৰ সিদ্ধান্ত লোৱাত ব্যাপকভাৱে ব্যৱহৃত হয়। বহু হিন্দু লোকে বিশ্বাস কৰে যে মানুহৰ গোটেই জীৱনত গ্ৰহকে ধৰি মহাকাশীয় পদাৰ্থৰ প্ৰভাৱ থাকে আৰু এই গ্ৰহৰ প্ৰভাৱবোৰেই হৈছে "কৰ্মৰ ফল।" নৱগ্ৰহ, অৰ্থাৎ গ্ৰহ দেৱতাসকলে পাৰ্থিৱ জীৱনক প্ৰভাৱিত কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। বিজ্ঞান হিচাপে জ্যোতিষ জ্যোতিষৰ বিশ্বব্ৰহ্মাণ্ডৰ বৰ্ণনাৰ কোনো ব্যাখ্যামূলক শক্তি নাই বুলি ইয়াক বৈজ্ঞানিক মহলে নাকচ কৰিছে। জ্যোতিষৰ বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰি জ্যোতিষ পৰম্পৰাত উল্লেখ কৰা কোনো চৰ্ত বা প্ৰভাৱৰ সমৰ্থনত কোনো প্ৰমাণ পোৱা হোৱা নাই। জ্যোতিষীসকলে এনে কোনো ব্যৱস্থাৰো প্ৰস্তাৱ আগবঢ়োৱা নাই যাৰ দ্বাৰা নক্ষত্ৰ আৰু গ্ৰহৰ অৱস্থান আৰু গতিয়ে পৃথিৱীৰ মানুহ আৰু পৰিঘটনাক প্ৰভাৱিত কৰিব পাৰে। ছদ্মবিজ্ঞান হিচাপে আখ্যা পোৱাৰ পিছতো কিছুমান ধৰ্মীয়, ৰাজনৈতিক আৰু আইনী প্ৰেক্ষাপটত জ্যোতিষে আধুনিক ভাৰতৰ বিজ্ঞানৰ ভিতৰত নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে। ভাৰতৰ বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে ভাৰতীয় বিশ্ববিদ্যালয়সমূহত অধ্যয়নৰ শাখা হিচাপে "জ্যোতিৰ বিজ্ঞান" বা "বৈদিক জ্যোতিষ" প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁলোকে এই কথা উল্লেখ কৰে যে "বৈদিক জ্যোতিষ বিদ্যা কেৱল আমাৰ পৰম্পৰাগত আৰু ধ্ৰুপদী জ্ঞানৰ প্ৰধান বিষয়সমূহৰ অন্যতম নহয়, কিন্তু ই হৈছে অনুশাসন, যি আমাক মানৱ জীৱন আৰু বিশ্বব্ৰহ্মাণ্ডত ঘটি থকা পৰিঘটনাসমূহ সময়ৰ পৰিসৰত জানিবলৈ দিয়ে।" জ্যোতিষবিদ্যাই প্ৰকৃততে এনে সঠিক ভৱিষ্যদ্বাণী কৰাৰ সুবিধা প্ৰদান কৰে বুলি প্ৰমাণ পোৱা হোৱা নাই। অধ্যয়নৰ শাখা হিচাপে বৈদিক জ্যোতিষ প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰ সিদ্ধান্তৰ সমৰ্থনত ২০০১ চনৰ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে ৰায়দান কৰে। কিছুসংখ্যক ভাৰতীয় বিশ্ববিদ্যালয়ে জ্যোতিষ বিষয়ত উচ্চতৰ ডিগ্ৰী প্ৰদান কৰে। ইয়াৰ ফলত ভাৰতৰ বৈজ্ঞানিক মহল আৰু বিদেশত কৰ্মৰত ভাৰতীয় বিজ্ঞানীসকলে ব্যাপকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ভাৰতৰ উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰা এখন আবেদনত কোৱা হৈছে যে বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত জ্যোতিষৰ প্ৰৱৰ্তন “পিছফাললৈ এটা বৃহৎ খোজ, দেশে এতিয়ালৈকে যি বৈজ্ঞানিক বিশ্বাসযোগ্যতা অৰ্জন কৰিছে, তাক ক্ষতিগ্ৰস্ত কৰিছে।” ২০০৪ চনত উচ্চতম ন্যায়ালয়ে এই আবেদন অগ্ৰাহ্য কৰি এই সিদ্ধান্তত উপনীত হয় যে জ্যোতিষৰ শিক্ষাই ধৰ্মৰ প্ৰচাৰ হিচাপে যোগ্যতা অৰ্জন নকৰে। ২০১১ চনৰ ফেব্ৰুৱাৰী মাহত বম্বে উচ্চ ন্যায়ালয়ে বিজ্ঞান হিচাপে জ্যোতিষৰ মৰ্যাদাক প্ৰত্যাহ্বান জনাই ৰুজু এটা গোচৰ খাৰিজ কৰাৰ সময়ত ২০০৪ চনৰ উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ কথা উল্লেখ কৰিছিল। বিজ্ঞানীসকলৰ অভিযোগ বাহাল থকাৰ পিছতো ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ত জ্যোতিষৰ পাঠদান অব্যাহত আছে। জ্যোতিষৰ অধ্যয়নৰ সৈতে একেলগে তন্ত্ৰ, মন্ত্ৰ আৰু যোগৰ পাঠদানৰ বাবে এখন ৰাষ্ট্ৰীয় বৈদিক বিশ্ববিদ্যালয় স্থাপনৰ যো-জা চলিছে। ভাৰতীয় জ্যোতিষীসকলে ধাৰাবাহিকভাৱে এনে কিছু দাবী উত্থাপন কৰি আহিছে যিসমূহ সন্দেহবাদীসকলে সম্পূৰ্ণৰূপে নুই কৰিছে। উদাহৰণস্বৰূপে, শনি গ্ৰহটো প্ৰায় ৩০ বছৰৰ মূৰে মূৰে মেষ নক্ষত্ৰমণ্ডলত থাকে। সেয়ে হ'লেও বাকী সকলো চন/তাৰিখ আওকাণ কৰি জ্যোতিষী বেংগালুৰু ভেংকট ৰমনে দাবী কৰিছিল যে "১৯৩৯ চনত শনি মেষ ৰাশিত থাকোঁতে ইংলেণ্ডে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিবলগীয়া হৈছিল।" জ্যোতিষীসকলে ভাৰতত নিৰ্বাচনৰ ফলাফলৰ ভৱিষ্যদ্বাণী কৰাৰ প্ৰচেষ্টাত নিয়মিতভাৱে ব্যৰ্থ হয়। ইয়াৰ উপৰিও তেওঁলোকে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ দৰে গুৰুত্বপূৰ্ণ ঘটনাৰো ভৱিষ্যদ্বাণী কৰাত ব্যৰ্থ হয়। ১৯৮২ চনত ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধ সম্পৰ্কে ভাৰতীয় জ্যোতিষী সংস্থাৰ মুৰব্বীয়ে কৰা ভৱিষ্যদ্বাণীও ফলৱতী নহয়। ২০০০ চনত কেইবাটাও গ্ৰহে ইটোৱে সিটোৰ কাষত অৱস্থান কৰোঁতে জ্যোতিষীসকলে ভৱিষ্যদ্বাণী কৰিছিল যে বিপৰ্যয়, আগ্নেয়গিৰিৰ উদ্গীৰণ আৰু ছুনামি হ'ব। ইয়াৰ ফলত ভাৰতৰ গুজৰাটৰ সাগৰৰ পাৰৰ এখন গাঁৱৰ লোক আতংকিত হৈ নিজৰ ঘৰ-দুৱাৰ পৰিত্যাগ কৰে। কিন্তু ভৱিষ্যদ্বাণী কৰাৰ দৰে কোনো পৰিঘটনা সংঘটিত নহয় আৰু ইয়াৰ পৰিৱৰ্তে খালী ঘৰবোৰত চুৰি হয়। গ্ৰন্থসমূহ জ্যোতিষৰ এক প্ৰাচীন গ্ৰন্থ হৈছে বেদাংগ-জ্যোতিষ। ই দুটা সংস্কৰণত বিভক্ত। ইয়াৰে এটা সংস্কৰণ ঋগবেদৰ সৈতে জড়িত আৰু আনটো সংস্কৰণ যজুৰ্বেদৰ সৈতে জড়িত। ঋগ্বেদ সংস্কৰণত ৩৬টা শ্লোক আছে। আনহাতে যজুৰ্বেদত ৪৩টা শ্লোক আছে আৰু ইয়াৰ ভিতৰত ২৯টা পদ ঋগ্বেদৰ পৰা ধাৰ কৰি অনা হৈছে। ঋগ্বেদ সংস্কৰণক লগাধ ঋষি আৰু কেতিয়াবা শুচি ঋষিৰ বুলিও কোৱা হয়। যজুৰ্বেদ সংস্কৰণত কোনো নিৰ্দিষ্ট ঋষিক কৃতিত্ব দিয়া হোৱা নাই। ই সৰ্বাধিক অধ্যয়ন কৰা সংস্কৰণ। সম্ভৱতঃ খ্ৰীষ্টীয় ৫ম শতিকাত ৰচিত জ্যোতিষ গ্ৰন্থ ব্ৰহ্ম-সিদ্ধান্তত গ্ৰহসমূহৰ লগতে সূৰ্য্য আৰু চন্দ্ৰৰ গতিবিধি ব্যৱহাৰ কৰি কেনেকৈ সময় আৰু পঞ্জিকা নিৰ্ধাৰণ কৰিব পাৰি বিষয়ে আলোচনা কৰা হৈছে। এই গ্ৰন্থখনত ইয়াৰ কক্ষপথৰ তত্ত্ব, গ্ৰহৰ অৱস্থান আদিৰ পূৰ্বনিৰ্ধাৰণ আদি কৰিবলৈ ত্ৰিকোণমিতি আৰু গাণিতিক সূত্ৰৰ তালিকাও দিয়া হৈছে। এই গ্ৰন্থখন বৰ্তমানৰ বিশ্বব্ৰহ্মাণ্ডৰ জীৱনকাল হিচাপে এক অতি বৃহৎ পূৰ্ণসংখ্যা, যেনে ৪.৩২ বিলিয়ন বছৰৰ উপস্থাপনৰ বাবে উল্লেখযোগ্য। জ্যোতিষৰ ওপৰত ৰচিত প্ৰাচীন হিন্দু গ্ৰন্থসমূহত কেৱল সময় নিৰ্ধাৰণৰ বিষয়েহে আলোচনা কৰা হৈছে। ইয়াত কেতিয়াও জ্যোতিষ বা ভৱিষ্যদ্বাণীৰ কথা উল্লেখ কৰা হোৱা নাই। এই প্ৰাচীন গ্ৰন্থসমূহে প্ৰধানকৈ জ্যোতিৰ্বিজ্ঞানক সামৰি লয়। ভাৰতত কাৰিকৰী ৰাশিফল আৰু জ্যোতিষৰ ধাৰণা গ্ৰীচৰ পৰা আহিছিল। খ্ৰীষ্টীয় ১ম সহস্ৰাব্দৰ প্ৰথম শতিকাতে ইয়াৰ বিকাশ ঘটিছিল। পৰৱৰ্তী সময়ৰ মধ্যযুগীয় কালৰ গ্ৰন্থ যেনে যৱন-জাতক আৰু সিদ্ধান্তসমূহৰ সৈতে জ্যোতিষৰ সম্পৰ্ক অধিক। আলোচনা জ্যোতিষৰ ক্ষেত্ৰখনত সময় নিৰ্ণয় কৰাৰ লগতে বৈদিক আচাৰ-ব্যৱহাৰৰ বাবে শুভ দিন আৰু সময়ৰ পূৰ্বাভাস দিয়া হয়। বেদাংগৰ ক্ষেত্ৰখনে সময়ক যুগ হিচাপে বিভক্ত কৰিছিল। ইয়াক পুনৰ একাধিক চান্দ্ৰ-সৌৰ ব্যৱধানত বিভক্ত কৰা হৈছিল। এটা বৈদিক যুগত ১,৮৬০ তিথি বা তাৰিখ থাকে। বেদাংগই এটা সূৰ্য্যোদয়ৰ পৰা আন এটা সূৰ্য্যোদয়লৈকে এটা দিনৰ সংজ্ঞা দিছিল। ডেভিদ পিংগ্ৰীয়ে কয় যে জ্যোতিষৰ ঋগ্বেদিক সংস্কৰণটো বেদত সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ৫১৩ আৰু ৩২৬ চনৰ ভিতৰত সংযুক্ত হৈছিল। সেই সময়ত সিন্ধু উপত্যকা মেছ'পটেমিয়াৰ পৰা অহা আচেমেনীসকলে দখল কৰিছিল। এই প্ৰাচীন সংস্কৃত গ্ৰন্থসমূহত উল্লেখ কৰা গণিত আৰু সময় নিৰ্ধাৰণ কৰা যন্ত্ৰ যেনে জলঘড়ী আদি মেছ’পটেমিয়াৰ পৰা ভাৰতলৈ আহিছিল বুলি পিংগ্ৰীয়ে মত প্ৰকাশ কৰে। কিন্তু ইউকিঅ' ওহাছিয়ে এই কথা ভুল বুলি বিবেচনা কৰে। ইয়াৰ পৰিৱৰ্তে তেওঁ কয় যে বৈদিক সময় নিৰ্ধাৰণৰ প্ৰচেষ্টা, অনুষ্ঠানৰ বাবে উপযুক্ত সময়ৰ পূৰ্বাভাস আদি নিশ্চয় বহু আগতেই আৰম্ভ হৈছিল আৰু ইয়াৰ প্ৰভাৱ ভাৰতৰ পৰা মেছ'পটেমিয়ালৈ প্ৰবাহিত হ'ব পাৰে। তেওঁ লগতে ইয়াকো কয় যে হিন্দু আৰু ইজিপ্ত–পাৰ্চী উভয় সংস্কৃতিৰ বৰ্ষতে বছৰটোত মুঠ দিনৰ সংখ্যা ৩৬৫ৰ সমান বুলি ধৰি লোৱাটো ভুল। ইয়াৰ উপৰিও ওহাছিয়ে কয় যে সময় গণনাৰ বাবে মেছ'পটেমিয়া আৰু ভাৰতীয় সূত্ৰ পৃথক। প্ৰত্যেকেই নিজৰ নিজৰ অক্ষাংশৰ বাবেহে কাম কৰিব পাৰে। যিকোনো এটাই আনটোৰ অঞ্চলত সময় আৰু দিনপঞ্জীৰ পূৰ্বনিৰ্ধাৰণ কৰাত ডাঙৰ ভুল কৰিব। আস্কো পাৰ্পোলাৰ মতে প্ৰাচীন ভাৰতত জ্যোতিষ আৰু চান্দ্ৰ-সৌৰ বৰ্ষপঞ্জীৰ আৱিষ্কাৰ আৰু চীনতো ইয়াৰ অনুৰূপ আৱিষ্কাৰ সমান্তৰাল বিকাশৰ ফল। ই মেছ'পটেমিয়াৰ পৰা প্ৰসাৰণৰ ফলত হোৱা নাই। কিম প্লফকাৰে কয় যে দুয়োফালৰ পৰা সময় নিৰ্ধাৰণৰ ধাৰণাসমূহৰ প্ৰবাহ যুক্তিযুক্ত হ’লেও প্ৰত্যেকেই হয়তো নিজ নিজ ঠাইত স্বতন্ত্ৰভাৱে বিকশিত হৈছে। ইয়াৰ উপৰিও প্লফকাৰ আৰু অন্যান্য পণ্ডিতসকলে লগতে কয় যে সময় নিৰ্ধাৰণৰ ধাৰণাসমূহৰ আলোচনা খ্ৰীষ্টপূৰ্ব দ্বিতীয় সহস্ৰাব্দৰ গ্ৰন্থ শতপথ ব্ৰাহ্মণৰ সংস্কৃত শ্লোকসমূহত পোৱা যায়। অৰ্থশাস্ত্ৰৰ দৰে বহুতো প্ৰাচীন হিন্দু গ্ৰন্থত জলঘড়ী আৰু সূৰ্য্যঘড়ীৰ উল্লেখ আছে। প্লফকাৰে কয় যে মেছ’পটেমিয়া আৰু ভাৰতীয় জ্যোতিষ ভিত্তিক ব্যৱস্থাৰ কিছু সংহতি হয়তো ভাৰতলৈ গ্ৰীক জ্যোতিষৰ ধাৰণাৰ আগমনৰ পিছত পাৰস্পৰিকভাৱে ঘটিছিল। জ্যোতিষ গ্ৰন্থসমূহত দিন একোটাৰ দৈৰ্ঘ্য, সূৰ্যোদয় আৰু চান্দ্ৰমাহৰ পূৰ্বনিৰ্ধাৰণ কৰিবলৈ গাণিতিক সূত্ৰ উপস্থাপন কৰা হৈছে। উদাহৰণস্বৰূপে, দিন এটাৰ দৈৰ্ঘ্য মুহূৰ্ত ইয়াত হৈছে শীতকালীন অনন্তকালৰ পিছৰ বা আগৰ দিনৰ সংখ্যা আৰু এটা মুহূৰ্ত হৈছে দিনটোৰ ৩০ ভাগৰ এভাগৰ (৪৮ মিনিট) =720} ৰাশিচক্ৰ ৰাশিচক্ৰ হৈছে ৩৬০ ডিগ্ৰীৰ এক কাল্পনিক চক্ৰ আৰু ই ৩০ ডিগ্ৰীৰ ১২টা সমান অংশত বিভক্ত। প্ৰতিটো অংশক ৰাশি বোলা হয়। জ্যোতিষ আৰু পশ্চিমীয়া ৰাশিৰ জোখ-মাখৰ পদ্ধতিৰ পাৰ্থক্য আছে। সমকালীনভাৱে দুয়োটা ব্যৱস্থা একে হ’লেও জ্যোতিষে মূলতঃ নক্ষত্ৰীয় ৰাশি (য’ত নক্ষত্ৰক গ্ৰহসমূহৰ গতি জুখিব পৰা নিৰ্দিষ্ট পটভূমি বুলি ধৰা হয়) ব্যৱহাৰ কৰে। আনহাতে বেছিভাগ পশ্চিমীয়া জ্যোতিষীয়ে গ্ৰীষ্মমণ্ডলীয় ৰাশি (য’ত গ্ৰহবোৰ বসন্ত বিষুৱত সূৰ্য্যৰ অৱস্থানৰ বিপৰীতে জুখিব পাৰি) ব্যৱহাৰ কৰে। নক্ষত্ৰ, বা চন্দ্ৰ ভৱন নক্ষত্ৰ বা চন্দ্ৰ ভৱন হৈছে হিন্দু জ্যোতিষত ব্যৱহৃত নিশাৰ আকাশৰ ২৭টা সমান বিভাজন। ইয়াৰ প্ৰত্যেকটো ভাগকে নিৰ্দিষ্ট তাৰকাসমূহৰ দ্বাৰা চিনাক্ত কৰা হয়। দুই ৰাশিৰ লগতে নক্ষত্ৰৰ যি সংযোগ তাক কোৱা হয় গণ্ডান্ত। দশা বা গ্ৰহকাল দশা বা গ্ৰহকাল (সংস্কৃত: শব্দৰ অৰ্থ হৈছে 'সত্তাৰ অৱস্থা'। এই কথা বিশ্বাস কৰা হয় যে দশাই ব্যক্তিৰ সত্তাৰ অৱস্থা বহুলাংশে নিয়ন্ত্ৰণ কৰে। দশা ব্যৱস্থাত কোন সময়ত কোনবোৰ গ্ৰহ বিশেষভাৱে সক্ৰিয় হৈ উঠে সেয়া কোৱা হয়। দৈৱিক সত্তা নৱগ্ৰহ হৈছে হিন্দু জ্যোতিষত ব্যৱহৃত নটা দৈৱিক গ্ৰহ বা সত্তা। এইকেইটা হ'ল: সূৰ্য্য চন্দ্ৰ বুধ শুক্ৰ মংগল বৃহস্পতি বা গুৰু শনি ৰাহু কেতু নৱগ্ৰহক মানুহৰ মন আৰু সিদ্ধান্ত গ্ৰহণক প্ৰভাৱিত কৰা একো একোটা শক্তি বুলি কোৱা হয়। যেতিয়া এই গ্ৰহবোৰ নিজ নিজ দশালৈ আহে বা সক্ৰিয় হয় তেতিয়া তেওঁলোকে মানুহৰ কাম-কাজ আৰু বিভিন্ন পৰিঘটনা পৰিচালনা কৰিবলৈ বিশেষভাৱে সক্ষম হয় বুলি বিশ্বাস কৰা হয়। গ্ৰহসমূহক প্ৰধানকৈ পেছা, বিবাহ আৰু দীৰ্ঘায়ুক বুজাবলৈ ধৰা হয়। যোগ যোগ হৈছে গ্ৰহবোৰে ইটোৱে সিটোৰ লগত স্থাপন কৰা এক নিৰ্দিষ্ট সম্পৰ্ক। তথ্য সংগ্ৰহ
30517
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%98%E0%A6%BE%E0%A6%9F%E0%A7%B0%20%E0%A6%AF%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A7
শৰাইঘাটৰ যুদ্ধ
শৰাইঘাটৰ যুদ্ধ ১৬৭১ চনত সংঘটিত হৈছিল মোগল সাম্ৰাজ্য ৰজা, ৰাজা ৰামসিংহৰ নেতৃত্বত), আৰু আহোম ৰাজ্যৰ (লাচিত বৰফুকনৰ নেতৃত্বত) মাজত। এই যুদ্ধ ব্ৰহ্মপুত্ৰৰ শৰাইঘাটত (বৰ্তমানৰ গুৱাহাটীত) হৈছিল। আহোম সৈন্য মোগল সৈন্যৰ সন্মুখত দুৰ্বল আছিল যদিও গৰিলা যুদ্ধ কৌশল, কূটনীতি আৰু সমভূমিৰ উপযুক্ত ব্যৱহাৰ কৰি আহোম সৈন্যই মোগল সৈন্যক পৰাস্ত কৰে। মোগলৰ নৌ-সেনা দুৰ্বল আছিল আৰু আহোম সৈন্যই ইয়াৰ বহুত সুবিধা গ্ৰহণ কৰিছিল। এই যুদ্ধৰ দ্বাৰাই মোগলে অন্তিমবাৰৰ বাবে অসমলৈকে নিজৰ সাম্ৰাজ্য বিস্তাৰিত কৰাৰ প্ৰচেষ্টা কৰিছিল। পিছলৈ মোগলে গুৱাহাটী অধিকাৰ কৰিছিল যদিও ১৬৮২ চনত আহোমে গুৱাহাটীখন নিজৰ অধীনলৈ আনে। তাৰ পিছৰ পৰাই অসমত আহোমৰ ৰাজত্ব শেষ হোৱালৈকে নিজৰ অধীনত ৰাখে। পটভূমি ১৬০২ চনত ঢাকাৰ নবাবে পশ্চিম অসমৰ ধুবুৰীৰ ৰজা পৰীক্ষিত নাৰায়ণক আক্ৰমণ কৰি নিজৰ দখললৈ আনে আৰু অসম ৰাজ্যলৈকে মোগল সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ মোগল সকলৰ আগ্ৰহ জন্মে। পৰীক্ষিতৰ ভাতৃ বালি নাৰায়ণক আহোমে সুৰক্ষা দিছিল। সেয়ে, ১৬১৫ চনত আহোম ৰজা প্ৰতাপ সিংহৰ ৰাজত্বকালত মোগলে অসম আক্ৰমণ কৰে। ১৬৩৯ চনত এই যুদ্ধৰ মিমাংসা ৰূপে আহোম-মোগলৰ মাজত অসুৰৰ আলিৰ সন্ধি হয়। এই সন্ধি মতে, উত্তৰে বৰনদী আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণে অসুৰৰ আলি আহোম আৰু মোগলৰ সীমা নিৰ্ধাৰিত কৰা হয়। ১৬৪১ চনত কোঁচ ৰজা পাণ্ডুত পৰাজিত হয়। ফলস্বৰূপে, কামৰূপ (গুৱাহাটী আৰু হাজো) মোগলৰ অধীনলৈ যায়। ১৬৫৮ চনত মোগল সম্ৰাট শ্বাহ জাহানৰ পতন ঘটে। এই সুযোগতে কোঁচ বিহাৰৰ ৰজা প্ৰাণ নাৰায়ণে কোঁচ হাজো দখল কৰাৰ চেষ্টা কৰে। কিন্তু আহোমৰ ৰজা জয়ধ্বজ সিংহই গুৱাহাটী দখল কৰি তেওঁক ধুবুৰীলৈকে খেদি পঠিয়ায়। ইয়াৰ পিছতে, ঔৰংগজেৱ মোগলৰ ৰাজপাটত উঠে। ১৬৬০ চনত মীৰ জুমলা বংগৰ চুবেদাৰ )ৰ পদত অধিষ্ঠিত হয়। তেওঁক অসম দখল কৰিবলৈ কোৱা হয়। মিৰজুমলাই ১৬৬১ চনত আহোম ৰাজ্য আক্ৰমণ কৰে আৰু আহোম সৈন্যক কেইবাটাও সংঘৰ্ষত পৰাস্ত কৰে। অৱশেষত মোগলে আহোমৰ ৰাজধানী গড়গাঁও দখল কৰে। কিন্তু আতন বুঢ়াগোহাঁইৰ দগ্গা যুদ্ধ বা গৰিলা যুদ্ধ আৰু নেৰানেপেৰা বৰষুণৰ ফলত মোগল সৈন্যৰ মাজত যোগাযোগ বিচ্ছিন্ন হোৱাৰ বাবে মিৰজুমলাই অসমখন মোগলৰ অধীনলৈ নিব নোৱাৰিলে। এই কথা আহোম ৰজা জয়ধ্বজ সিংহই জনা নাছিল আৰু তেওঁ মিৰজুমলাৰ লগত শান্তিৰ বাবে সন্ধিৰ প্ৰস্তাৱ দিয়ে।অৱশেষত, ১৬৬৩ চনত আহোম আৰু মোগলৰ মাজত ঘিলাধাৰী ঘাটৰ সন্ধি হয়। এই সন্ধি মতে, গড়গাঁও পুনৰ আহোমৰ অধীনলৈ যায়। আহোমৰ যুদ্ধলৈ প্ৰস্তুতি মিৰজুমলাৰ হাতত পৰাস্ত হৈ জয়ধ্বজ সিংহই হতাশাত মৃত্যুবৰণ কৰে। ইয়াৰ পিছত চক্ৰধ্বজ সিংহ আহোম ৰাজপাটত উঠে। ইয়াৰ পিছতেই, তেওঁ আহোম ৰাজ্যৰ উন্নতি সাধন কৰে। যিসকল লোকৰ মিৰজুমলাৰ আক্ৰমণত ক্ষতি হৈছিল, তেওঁলোকক পুনৰ সংস্থাপন দিয়ে। ৰাজ্যৰ খাদ্য আৰু সামৰিক বাহিনীৰ উন্নতি কৰা হ’ল, নতুন দুৰ্গ আৰু সুৰক্ষিত স্থান নিৰ্মাণ কৰা হ’ল আৰু লাচিত বৰফুকনৰ নেতৃত্বত এটা সুদক্ষ সামৰিক বাহিনী গঠন কৰা হয়। জয়ন্তীয়া আৰু কছাৰী ৰাজ্যৰ সৈতে পুনৰ মিত্ৰতা স্থাপন কৰা হ’ল। এই সময়চোৱাত, মোগলৰ দাবীসমূহ আহোম সকলে ঔচিত্যবোধসম্পন্নভাৱে তিৰস্কাৰ কৰিবলৈ ল’লে। ১৬৬৭ চনত গুৱাহাটীৰ নতুন ফৌজদাৰ, ফিৰোজ খানে বিষয়টো গুৰুত্ব সহকাৰে ল’লে। তেওঁ এই দাবী পূৰণ কৰিবলৈ আহোম সকলক জোৰ কৰে। অৱশেষত ১৬৬৭ চনৰ আগষ্টত লাচিত বৰফুকন আৰু অতন বুঢ়াগোঁহাই লগ হৈ গুৱাহাটী পুনৰ দখল কৰিবলৈ আগবাঢ়ি যায়। আহোমৰ গুৱাহাটী পুনৰ দখল লাচিতে পূৰ্বতে বৰফুকনৰ অধীনত থকা কলিয়াবৰত নিজৰ সেনাৰ চাউনী পাতিলে আৰু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গুৱাহাটীৰ দিশে আগবাঢ়ি যায়। ১৬৬৭ চনৰ ছেপ্তেম্বৰৰ প্ৰথম ভাগত ডেকা ফুকনে উত্তৰ পাৰৰ বাঁহবাৰী দখল কৰে। দক্ষিণ পাৰত নাওশলীয়া ফুকন আৰু অন্যান্যসকলে মাটি আৰু পানী উভয়েদি আগবাঢ়ে। তেওঁলোকে কপিলী নদী আৰু গুৱাহাটীৰ মাজত থকা কাজলী, সোণাপুৰ, পানীখেতি আৰু তিতামৰাৰ দুৰ্গ দখল কৰে। আহোমসকল গুৱাহাটী পায় আৰু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে থকা পাঁচটা চৌকি (উত্তৰ—কানাই-বৰশী-বোৱা, হিল্লাৰ, হিন্দুৰিঘোপা, পাটদুৱাৰ আৰু কৰাই; দক্ষিণ—লতাশিল, জয়দুৱাৰ, ধৰমদুৱাৰ, দুৱাৰগুৰিয়া আৰু পাণ্ডু)ৰ লগত তেওঁলোকৰ সংঘৰ্ষ হয়। এই সংঘৰ্ষত আহোমৰ সামান্য ক্ষতি হ’ল যদিও অৱশেষত চাহ বুৰুজ আৰু ৰঙামহল দুৰ্গ দখল কৰে। আহোমে জয়দুৱাৰ আগুৰি ধৰে, পাণ্ডু দখল কৰে আৰু ইটাখুলিলৈ আগবাঢ়ি যায়। ইয়াৰ পিছত ইটাখুলি দুৰ্গত (বৰ্তমানৰ উপায়ুক্তৰ চৰকাৰী বাসগৃহ থকাৰ স্থানত) তেওঁলোকৰ সংঘৰ্ষ হয়। ১৬৬৭ চনৰ ৪ নৱেম্বৰত, এই সংঘৰ্ষ আৰম্ভ হয় যেতিয়া আহোমসকলে জখলা ব্যৱহাৰ কৰি দেৱাল পাৰ হৈ দুৰ্গৰ ভিতৰত প্ৰৱেশ কৰে। আহোমে উটাখুলি দুৰ্গ দখল কৰাৰ দুমাহৰ পিছত ১৬৬৭ চনৰ নৱেম্বৰৰ মাহৰ মাজভাগত ই ধ্বংস হয়। এই সংঘৰ্ষত বহুতো সৈন্যক হত্যা কৰা হয়, কিছুমানে আত্মসমৰ্পণ কৰে আৰু আন কিছুমান পলাই যাবলৈ সক্ষম হয়। এনেদৰে মোগলৰ যুদ্ধৰ খাদ্য-সামগ্ৰী, সম্পত্তি আৰু বহুতো যুদ্ধৰ সামগ্ৰী আহোমৰ হাতত পৰে। এই সময়তে মোগলৰ সেনাত কিছু নতুন সৈনিকে যোগদান কৰে আৰু আহোমৰ ওপৰত প্ৰতিশোধ ল’বলৈ চেষ্টা কৰে। আহোমে নৌ-সেনা ব্যৱহাৰ কৰি উমানন্দ আৰু বৰহাটৰ পৰা মোগলৰ সেনা বাহিনীৰ চাউনী দখল কৰে। মোগলে মানাহমুখ (মানাহ নদীৰ উপনৈ)ক কিছু সময়ৰ বাবে নিজৰ দখলত ৰাখিছিল। কিন্তু তেতিয়া ফিৰোজ খানে আত্মসমৰ্পণ কৰে আৰু আহোমে তেওঁক বন্দী কৰি ৰাখে। এনেদৰে আহোমে গুৱাহাটী পুনৰ দখল কৰে আৰু ৰাজ্যৰ সীমা পূৰ্বৰ মানাহ লৈকে বঢ়াবলৈ সক্ষম হয়। ইয়াৰ কিছুদিন পিছতে, ৰাজা ৰামসিংহই বিশাল সৈন্য বাহিনী লৈ আহোমক আক্ৰমণ কৰে আৰু গুৱাহাটী পুনৰ দখল কৰে। মোগলৰ ৰাজকীয় অভিযান ১৬৬৭ চনৰ ১৯ ডিচেম্বৰত, মোগল সম্ৰাট ঔৰংগজেৱক মোগলৰ পৰাজয়ৰ কথা জনোৱা হয়। লগে লগে তেওঁ ৰাজা ৰাম সিংহক গুৱাহাটী পুনৰ দখল কৰিবলৈ আদেশ দিয়ে। ১৬৬৭ চনৰ ২৭ ডিচেম্বৰত ৰাম সিংহই দিল্লী এৰে আৰু ১৬৬৯ চনৰ ফেব্ৰুৱাৰীত ৰঙামাটিত উপস্থিত হয়। ইয়াত গুৱাহাটীৰ পূৰ্বৰ ফৌজদাৰ ৰছিদ খাঁ আৰু শিখ গুৰু টেগ বাহাদুৰ-এ পাটনাৰ পৰা সহায় আগবঢ়ায়। ৰাম সিংহৰ দলত ৪০০০অশ্বাৰোহী সৈন্য ১,৫০০ আহাদী আৰু ৫০০ বাৰ্কাণ্ডাজ সৈন্য আছিল। ঔৰংগজেৱে এই দলৰ লগত ৩০,০০০ পদাতিক সৈন্য, নিজৰ সৈন্য বাহিনীৰ সৈতে ২১জন ৰাজপুত বিষয়া, ১৮,০০০ অশ্বাৰোহী সৈন্য, ২,০০০ ধনুৰ্ধৰ আৰু ৪০খন জাহাজ লগত যোগ দি আহোম ৰাজ্য দখল কৰিবলৈ পঠিয়ায়। যেতিয়া লাচিতে মোগলৰ সৈন্যৰ কথা গম পাইছিল, তেতিয়া কৈছিল, “এইয়া বৰ দুখৰ কথা যে, মই ফুকনৰ পদত থকাৰ সময়ত মোৰ দেশখনে ভয়ংকৰ সমস্যাত ভুগিছিল। মোৰ দেশৰ ৰজা আৰু প্ৰজাসকলে কেনেদৰে এই দুৰ্যোগৰ পৰা ৰক্ষা পাব? মোৰ উত্তৰ পুৰুষসকলক কেনেকৈ ৰক্ষা কৰিব পাৰিম?” আহোমৰ কূটনৈতিক পৰিকল্পনা আৰু মোগলৰ আক্ৰমণ অশ্বাৰোহী সেনা আৰু মুক্ত ঠাইত মোগল সেনা শক্তিশালী হোৱাৰ বিপৰীতে আহোমসকল দুৰ্বল আছিল। সেয়ে লাচিত আৰু অন্যান্য বিষয়াসকলে সমতল অঞ্চলত যুদ্ধৰ প্ৰস্তুতি কৰিছিল। গুৱাহাটীক যুদ্ধক্ষেত্ৰ হিচাপে নিৰ্বাচন কৰা হয়। কাৰণ, গুৱাহাটী পাহাৰীয়া অঞ্চল আছিল। পাণ্ডু ঘাটৰ উত্তৰ পাৰে লাচিতে পৰম্পৰাগত হ'-ৰাই (অৰ্থ: জিলিকা ঘৰ) আৰু সেনাৰ কোঠ স্থাপন কৰিছিল। হ'-ৰাই থকাৰ বাবে পাছত ঘাটটোৰ নাম হ'-ৰাইঘাট বা শৰাইঘাট হয়। তাত আহোমসেনাই নৌসেনাৰ দ্বাৰা মোগলক লগত যুঁজিবলৈ প্ৰস্তুত কৰিছিল। মোগল সৈন্য কিমান দূৰ আগবাঢ়িছে সেই বিষয়ে জানিবলৈ লাচিতে গুৱাহাটীত গড় নিৰ্মাণ কৰাইছিল যাৰ ম'-মাইৰ (অৰ্থ:অভিযন্তা) দায়িত্বভাৰ লাহন ম'-মাইক দিছিল। কিন্তু কামত গাফিলতি কৰাৰ বাবে লাহন ম'-মাইৰ শিৰশ্চেদ কৰিছিল। লাচিতে কৈছিল যে, “দেশতকৈ ম'-মাই ডাঙৰ নহয়।” তাকে দেখি ভয়তে পাইকসকলে একে ৰাতিৰ ভিতৰতে গড় নিৰ্মাণ কৰি উলিয়াইছিল যাৰ নাম পাছলৈ মোমাই কটা গড় হয়। মোগলে গুৱাহাটী আহি দেখিলে যে ইয়াৰ চাৰিওদিশৰ পৰা গড় নিৰ্মাণ কৰা হৈছে। তেতিয়া তেওঁলোকে নৌ সেনা ব্যৱহাৰ কৰিবলৈ বাধ্য হ’ল। মোগলৰ নৌ সেনা যথেষ্ট দুৰ্বল আছিল। কামাখ্যা আৰু সুখ্ৰশ্বেৰ পৰ্বতৰ মাজৰ অন্ধৰুবলিত চাউনী পাতিলে। ১৬৬৯ চনৰ মাৰ্চ-এপ্ৰিলত মোগল মানাহ নদীলৈকে আগবাঢ়ি আহিল আৰু কেইবা ঠাইতো আহোম সৈন্যক পৰাস্ত কৰিলে। লাচিতে গুৱাহাটীলৈ পলায়ন কৰিবলৈ সিদ্ধান্ত ল’লে। তিনিওজন ৰাজখোৱাক গুৱাহাটীলৈ মাতি মোগলৰ লগত যুঁজিবলৈ প্ৰস্তুত হ’বলৈ কোৱা হ’ল। মোগল গুৱাহাটীৰ ওচৰ পাই আগিয়াথুটিত চাউনী পাতিলেহি। তেতিয়া লাচিতে ৰাম সিংহক ছলনাৰে "ভাই ৰজা" বুলি কৈ যুদ্ধৰ মীমাংসা কৰিব বিচাৰিলে। কিন্তু মোগল আক্ৰমণৰ বাবে প্ৰস্তুত হোৱাত ফিৰোজ খানৰ হতুৱাই ৰাম সিংহলৈ লাচিতে বাৰ্তা পঠিয়ালে যে, গুৱাহাটী আৰু কামৰূপ মোগলৰ নহয়। কাৰণ, কোঁচৰ পৰা ইয়াক দখল কৰা হৈছে। ইয়াৰ বাবে অসমীয়া শেষ পৰ্যন্ত যুঁজিবলৈ প্ৰস্তুত আছে। ইয়াৰ পিছত গুৱাহাটীত কেইবাবাৰো আহোম আৰু মোগলৰ মাজত সংঘৰ্ষ হ’ল। দুৰ্গসমূহ কেতিয়াবা আহোম অথবা মোগলৰ অধীনত আছিল। এই যুদ্ধসমূহত মোগল সৈন্যক চাৰিটা ভাগত ভাগ কৰা হয়: উত্তৰ পাৰ ৰাম সিংহই নিজে নিয়ন্ত্ৰণ কৰিছিল দক্ষিণ পাৰ আলি আকবৰ খান, মিৰ ছেয়দ খান, ৰাজা ইন্দ্ৰমণি, ৰাজা জয়নাৰায়ণ আৰু মৰুল খানৰ অধীনত সিন্ধীৰিঘোপা প্ৰৱেশদ্বাৰ জাহীৰ বেগ, কায়াম খান, ঘনশ্যাম বক্সী আৰ কোচ বিহাৰৰ তিনিজন বৰুৱা- কবিশেখৰ, সৰ্বেশ্বৰ আৰু মনমাথাৰ অধীনত নদী নৌ সেনাৰ বিষয়া মনছুৰ খান, লতিফ খান, ঈশ্বৰপতি, কপিদান ৰজা-ই নিৰীক্ষণ কৰি আছিল। এই সময়ত আহোমে গাৰো, জয়ন্তীয়া, নগা, দৰঙৰ ৰাণীৰ লগত বন্ধুত্ব স্থাপন কৰিলে। ১৬৬৯ চনৰ বাৰিষাত তেওঁলোকে যুদ্ধত যোগ দিছিল। আহোমৰ সৈন্যসকল দুটা ভাগত ভাগ কৰা হয়: উত্তৰ পাৰ আতন বুঢ়াগোঁহাইৰ নেতৃত্বত। দক্ষিণ পাৰ লাচিত বৰফুকনৰ নেতৃত্বত। দুয়োজন বিষয়াৰ অধীনত বহুতো পালি বিয়য়া আছিল। ৰাম সিংহৰ সৈন্যৰ যুদ্ধ নিৰীক্ষণ কৰি পালিসমূহক নিযুক্তি দিয়া হৈছিল। ১৬৬৯ চনত ঔৰংগজেৱে মোগল সেনাৰ দুৰ্গতিৰ বিষয়ে গম পালে। তেওঁ বেংগলৰ চুবেদাৰ শেষ্ঠা খানৰ হতুৱাই ৰাম সিংহৰ সৈন্যত নতুন সৈন্য যোগ দিয়ালে। এই সময়চোৱা অতন বুঢ়াগোঁহাইৰ দগ্গ যুদ্ধ ৰাম সিংহই বিৰোধ কৰি কৈছিল যে, এইয়া "যুদ্ধৰ মৰ্যাদা"ৰ বিৰোধী। ইয়াৰ পিছতে মোগলে পিছ হুহুকি যায় (অক্টোবৰ, ১৬৬৯ মাৰ্চ, ১৬৭০)। আলাবৈৰ ৰণ বৰফুকনৰ কূটনৈতিক কৌশলত ৰাম সিংহ উত্তেজিত হৈ পৰিছিল। সেয়ে, ৰাম সিংহই আহোম ৰজাক দ্বন্দ্বযুদ্ধ )ৰ বাবে প্ৰস্তাৱ দিলে। তেওঁ পৰাস্ত হ’লে মোগল সৈন্যৰ সৈতে তেওঁ সেই ঠাই পৰিত্যাগ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। লাচিতে এই কথা ৰজাক জনোৱাত ৰজা জয়ধ্বজ সিংহই ইয়াক প্ৰত্যাখান কৰে। মোগলক প্ৰতিহিত কৰিবৰ বাবে আহোম ৰজাই লাচিতক আদেশ দিলে। মীৰ নবাবৰ থকা ১০,০০০ মোগল সৈন্যৰ লগত যুঁজিবলৈ আহোমৰ ২০,০০০ অশ্বাৰোহী সৈন্য সাজু কৰা হৈছিল। ৰামসিংহৰ এই প্ৰস্তাৱটোত তেওঁৰ “অহংকাৰ, পৰাক্ৰম আৰু প্ৰতিশোধ”ৰ কথা অনুমান কৰিব পাৰি। আনহাতে, আহোমে ইয়াক প্ৰত্যাখ্যান কৰাৰ কাৰণ আছিল যে “কূটনৈতিক কৌশল, ছলনা আৰু মিছা উপস্থাপন )”ৰ দ্বাৰা নিজৰ দুৰ্বলতাসমূ্হ লুকুৱাই ৰখা। পাছত ২০,০০০ সৈন্যৰ সলনি ৪০,০০০ সৈন্য সাজু কৰা হ’ল। ধনুৰ্দ্ধৰ আৰু হিলৈধাৰী সৈন্যসকলক ব্ৰাহ্মণৰ সাজত যুদ্ধলৈ সাজু কৰোৱা হ’ল। যাতে, ৰাজপুত সৈন্যসকলে তেওঁলোকক হত্যা নকৰে। ইয়াৰ বিপৰীতে, ৰামসিংহই মোগল সৈন্যৰ নেতৃত্ব দিবলৈ মদনাৱতী নামৰ মহিলা এগৰাকীক পুৰুষ সাজত পঠিয়ালে। যাতে, যুদ্ধত আহোম জিকিলেও গৌৰৱ কৰিব নোৱাৰে। ১৬৬৯ চনৰ ৫ আগষ্টত আলাবৈৰ ওচৰৰ অঞ্চলত এই যুদ্ধ হৈছিল। প্ৰথমতে, মদনাৱতীয়ে আহোমৰ সৈন্যক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। কিন্তু, বৰফুকনে মাজত দ খাৱৈ নিৰ্মাণ কৰি থৈছিল। দ্বিতীয় পৰ্য্যায়ত, মদনাৱতী ব্ৰহ্মপুত্ৰ নদী পাৰ হ’বলৈ ব্যৰ্থ হ’ল আৰু তেওঁক হত্যা কৰা হ’ল। ইয়াৰ পিছত, মীৰ নবাবে যুদ্ধত যোগদান দিলে। আহোমৰ ছলাহীত ৰাম সিংহ ক্ৰুদ্ধ হৈ পৰে। সেয়ে তেওঁৰ দক্ষ অশ্বাৰোহী সৈন্যক যুদ্ধৰ বাবে আদেশ দিলে। এই হত্যাকাণ্ডত আহোমৰ ১০,০০০ সৈন্যৰ মৃত্যু হয়। ঔৰংগজেৱ মোগলৰ সফলতাত সন্তুষ্ট হ’ল। তেওঁ ৰামসিংহক গুৱাহাটী দখল কৰিবলৈ আদেশ দিলে। যদি অসফল হয়, তেতিয়া ধ্বংস কৰি মানুহবিলাকক লুণ্ঠন কৰিবলৈ আদেশ দিয়ে। ৰামসিংহৰ কূটকৌশল ১৬৬৯ চনৰ শেষভাগত মোগল আগবাঢ়ি অহাৰ পাছত, ৰাম সিংহই ৰাজনৈতিক চক্ৰান্ত কৰিলে। অসমীয়াক গুৱাহাটীৰ পৰা খেদিবলৈ আহোমলৈ এটা প্ৰস্তাৱ আগবঢ়ায়। ৩,০০,০০০ টকাৰ বিনিময়ত পূৰ্বৰ ১৬৩৯ চনৰ অসুৰৰ আলিৰ সন্ধিৰ সময়ৰ আহোমৰ সীমা নিৰ্ধাৰিত কৰিবলৈ প্ৰস্তাৱ দিয়ে। ইয়াৰ পিছত ৰাম সিংহই ঘোচ দি আহোমৰ সেনা বিষয়া (ফুকন) সকলৰ মাজত ভেদাভেদৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। সেই সময়তে, আহোম ৰজা চক্ৰধ্বজ সিংহৰ মৃত্যু হয় আৰু তেওঁৰ ভাতৃ উদয়াদিত্য সিংহ ৰাজপাটত উঠে। দীঘলীয়া যুদ্ধৰ ফলত আহোম ৰাজ্য অসন্তুষ্ট হৈছিল। ৰাম সিংহই আহোমলৈ পুনৰ সেই প্ৰস্তাৱ আগবঢ়ায় আৰু আহোমে ইয়াক গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। আহোম ৰজা অসন্তুষ্ট আছিল যদিও সিদ্ধান্ত ল’বলৈ গুৱাহাটীৰ বিষয়াসকলৰ ওপৰত এৰি দিয়ে। এই আলোচনাত লাচিত বৰফুকন আৰু আতন বুঢ়াগোঁহায়ো আছিল। আতন বুঢ়াগোঁহাই এই প্ৰস্তাৱৰ বিৰুদ্ধে আছিল। অতন বুঢ়াগোঁহাইৰ মতে, ৰাম সিংহৰ যি আশ্বাস দিছে সেয়া দিল্লীৰ সম্ৰাটে যে মানি ল’ব তাৰ কোনো বিশ্বাস নাই। মোগলে গুৱাহাটী দখল কৰাৰ পাছত কোনো ভৰসা নাই যে তেওঁলোকে আহোম ৰাজ্য পুনৰ আক্ৰমণ কৰি গড়গাঁও অথবা নামৰূপ দখল কৰিবলৈও চেষ্টা কৰিব পাৰে। এনেদৰে আতন বুঢ়াগোঁহাইয়ে বাকী বিষয়াসকলক সন্মত কৰাবলৈ সক্ষম হ’ল। ৰাম সিংহৰ ৰাজনৈতিক কৌশল পুনৰবাৰ বিফল হ’ল। শৰাইঘাটৰ মূল যুদ্ধ সেই সময়ত, মোগলৰ সেনা আৰু ৰাজকীয় বিষয়া মোগল এডমাইৰেল, মোন্নাৱৰ খান মোগল ভাইচৰয় শেষ্টা খান ৰাম সিংহৰ দলত যোগদান দিয়ে। ৰাম সিংহক বাৰ্তা দিয়া হ’ল যে তেওঁক অসমীয়াৰ সৈতে যুঁজিবলৈ পঠিওৱা হৈছে, বন্ধুত্ব গঢ়িবলৈ নহয়। ৰাম সিংহই গুৱাহাটীত শেষ যুদ্ধৰ বাবে প্ৰস্তুতি কৰি উত্তৰপাৰে আগুৱাই যায়। শুৱালকুছিৰ ওচৰত তেওঁৰ লগত পাঁচজন চৰ্দাৰৰ নেতৃত্বত গোলন্দাজ সৈনিক আৰু ধনুৰ্দ্ধৰ )বাহিনীয়ে যোগ দিয়ে। মোগলৰ হাতত বহুতো ডাঙৰ ডাঙৰ নাও আছিল আৰু কিছুমানত ষোল্লটা লৈকে বৰটোপ কঢ়িয়াব পৰা গৈছিল। মোগলৰ দূত, পাদিতৰায়ে ইয়াৰ কিছুদিন পূৰ্বে গড় নিৰ্মাণত হোৱা কাজিয়াৰ বাতৰি ৰাম সিংহক দিয়ে। ৰাম সিংহই এই কাজিয়াৰ সুযোগ ল’বলৈ চেষ্টা কৰিলে। আলাবৈত পৰাজিত হোৱাৰ পাছত আহোম সৈন্যসকল নিৰোৎসাহ হৈ পৰে। তেওঁলোকৰ বিষয়া লাচিত বৰফুকন আৰু এডমাইৰেল বেমাৰত ভুগি আছিল। সেয়ে মিৰি সন্দিকৈৰ পুত্ৰ নৰ ৰজাই আহোম সৈন্যক নেতৃত্ব দিছিল। অশ্বক্ৰান্তৰ ওচৰত মাটি আৰু পানী উভয়তে দুয়ো পক্ষৰ মাজত সংঘৰ্ষ লাগে। লালুকসোলা বৰফুকনৰ নেতৃত্বত থকা সৈন্যই মোগল সৈন্যক পৰাজিত কৰিলে। তথাপি মোগলৰ নৌ সেনাই আহোমৰ নৌ সেনাক বৰশিলা (শৰাইঘাটৰ উত্তৰত অৱস্থিত) লৈ পিছ হুহুকলি আহিবলৈ বাধ্য কৰালে। সেয়ে আহোম সৈন্যক ঘেৰি ধৰাৰ ভয়ত তেওঁলোকো পিছ হুহুকি আহিল। মোগল সৈন্য যেতিয়া আন্ধাৰুবলিলৈ দিশে আগবাঢ়ি আহিল, তেতিয়া এই যুদ্ধখন সমাপ্ত হোৱা যেন পৰিলক্ষিত হৈছিল। বৰফুকন আৰু নৰ ৰজাই সৈন্যসকলক উৎসাহিত কৰিবলৈ বাৰ্তা পঠিয়ালে। ইয়াতে আহোমৰ নৌ সেনা কাজলি আৰু ছামধৰা লৈ পিছ হুহুকি অহাত তেওঁলোকৰ নেতৃত্ব দুৰ্বল হোৱা দেখা যায়। ইটাখুলি দুৰ্গৰ পৰা লাচিত বৰফুকনে নৰিয়া গাৰে এই সকলোবোৰ সকলো লক্ষ্য কৰি আছিল। মোগল সৈন্য যেতিয়া আন্ধাৰুবলি পাবৰ হ’ল তেতিয়া আহোম সৈন্য বিপদত পৰিলে। সেই সময়তে বৰফুকনে মোগলক মাটি আৰু পানী উভয়েদি আক্ৰমণ কৰিবলৈ কটকীৰ হতুৱাই আহোম সৈন্যলৈ বাৰ্তা পঠিয়ালে। ইয়াৰ উপৰিও তেওঁ নিজৰ বাবে সাতখন যুদ্ধৰ নাও সাজু কৰিবলৈ আদেশ দিলে। এখন নাৱত তেওঁক যুদ্ধক্ষেত্ৰলৈ নিবলৈ আদেশ দিলে। তেওঁ চিঞৰি চিঞৰি আহোম সৈন্যক উদ্দেশ্য কৰি ক’লে, “বঙালৰ বিৰুদ্ধে যুঁজিবলৈ ৰজাই সকলো লোকৰ নেতৃত্বৰ দায়িত্বভাৰ মোৰ ওপৰত জাপি দিছে। মই মোৰ পৰিবাৰ আৰু ল’ৰা ছোৱালীৰ ওচৰলৈ উভতি যাম নেকি?”। লগত আন ছখন নাওত আহোম সৈন্যৰ সৈতে যুদ্ধক্ষেত্ৰলৈ আগবাঢ়ি যায়। যুদ্ধক্ষেত্ৰত লাচিত বৰফুকনৰ আগমন ঘটাৰ পাছতে আহোম সৈন্যৰ উৎসাহ বাঢ়ি যায়। উত্তৰ পাৰে আম্ৰাজুলিত মোগলৰ নৌ সেনাক আহোমে আক্ৰমণ কৰে। ইটাখুলি, কামাখ্যা আৰু অশ্বক্ৰান্তত সৈন্য আৰু যুদ্ধৰ নাৱেৰে ভৰি পৰিল। আহোম সৈন্যই মোগলক সন্মুখ আৰু পিছ দুয়ো ফালৰ পৰা আক্ৰমণ কৰিলে। পিছফালৰ পৰা কৰা আক্ৰমণত মোগল এডমাইৰেল মুন্নাৱৰ খানৰ মৃত্যু হয়। ইয়াৰ পিছত মোগল সৈন্য ছেদেলি-ভেদেলি হৈ পৰে। মোগলৰ তিনিজন শীৰ্ষ আমিৰ ()আৰু অন্য ৪,০০০ সৈন্য মৃত্যু হোৱাত মোগল সৈন্য দুৰ্বল হৈ পৰে। শৰাইঘাটৰ এই মূল যুদ্ধখন ১৬৭১ চনৰ মাৰ্চ মাহৰ মাজভাগত হৈছিল। এই যুদ্ধখন কোন দিনাখন হৈছিল তাৰ বিষয়ে নিৰ্দিষ্টকৈ জনা নাযায়। উপসংহাৰ অৱশেষত, মোগলসকল আহোম ৰাজ্যৰ পশ্চিম সীমা মানাহ নদীলৈকে পিছ হুহকি যায়। বৰফুকনে নিয়মিতভাৱে মোগলৰ কামসমূহৰ ওপৰত চকু দি ৰাখিছিল, যাতে পুনৰ আক্ৰমণ কৰিব নোৱাৰে। আনহাতে, অতন বুঢ়াগোঁহাই আৰু অন্যান্য বিষয়াসকল যুদ্ধৰ বাবে সাজু হৈ আছিল। দৰঙত মোগল সৈন্যৰ অৱস্থা তেনেই দুৰ্বল হৈ পৰে। ১৬৭১ চনৰ ৭ এপ্ৰিলত, ৰাম সিংহই কামৰূপ এৰি ৰঙামাটিলৈ গুচি যায়। শৰাইঘাটৰ যুদ্ধৰ এবছৰৰ পিছতে ১৬৭২ চনৰ এপ্ৰিলত কলিয়াবৰত লাচিত বৰফুকনৰ মৃত্যু হয়। যুদ্ধৰ সময়ত হোৱা জ্বৰৰ ফলত তেওঁৰ মৃত্যু হোৱা নাছিল। এইয়া আহোম আৰু মোগলৰ মাজত অন্তিম যুদ্ধ নাছিল আৰু পিছত গুৱাহাটী মোগলে পুনৰ দখল কৰিছিল। ১৬৭৯ চনত লাচিত বৰফুকনৰ নিজ ভাতৃ লালুক সোলা বৰফুকন-এ গুৱাহাটীক মোগলৰ অধীনলৈ নিবৰ বাবে ইয়াক আহোম ৰাজ্যৰ পৰা পৃথক কৰে। অৱশেষত, মোগলে গুৱাহাটী দখল কৰে আৰু ১৬৮২ চনলৈকে নিজৰ অধীনত ৰাখে। গদাধৰ সিংহ আহোমৰ ৰাজপাটত উঠাৰ পিছত গুৱাহাটী দখল কৰে। এনেকৈয়ে কামৰূপত মোগল ৰাজত্বৰ সমাপ্ত হয়। তথ্য সংগ্ৰহ যুদ্ধ আহোম ৰাজ্য অসমৰ
56126
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%BE%E0%A6%97%E0%A7%B0
সাগৰ
সাগৰ বা সমুদ্ৰ হ'ল লৱণ যুক্ত পানীৰ পৰস্পৰ সংযুক্ত জলৰাশি, যি পৃথিৱীৰ উপৰিভাগৰ ৭০ শতাংশৰো বেছি অংশ আবৃত কৰি ৰাখিছে। সাগৰে পৃথিৱীৰ জলবায়ুক সহনীয় কৰি ৰাখে আৰু জলচক্ৰ, কাৰ্বন চক্ৰ আৰু নাইট্ৰ'জেন চক্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। প্ৰাচীন কালৰ পৰাই মানুহে সাগৰ পৰিভ্ৰমণ কৰিছে আৰু সাগৰাভিযান চলাই আহিছে। প্ৰায় ১৭৬৮ চনৰ পৰা ১৭৭৯ চনৰ ভিতৰত কেপ্তেইন জেমছ কুকৰ প্ৰশান্ত মহাসাগৰ অভিযানৰ সময়ৰ পৰাই সাগৰ-সংক্ৰান্ত বিজ্ঞানসম্মত চৰ্চা বা সাগৰবিজ্ঞানৰ আৰম্ভণি ঘটে। "সাগৰ" শব্দটোৰ মাধ্যমে অৱশ্যে বিভিন্ন মহাসাগৰৰ সৰু আৰু আংশিকভাবে ভূ-বেষ্টিত অংশবোৰকো বুজোৱা হয়। সাগৰৰ পানীত সৰ্বাধিক পৰিমাণে যি ঘনবস্তু দ্ৰবীভূত অৱস্থাত আছে, সেয়া হ'ল ছডিয়াম ক্লোৰাইড। ইয়াৰোপৰি অন্যান্য অনেক মৌলৰ সৈতে মেগনেছিয়াম, কেলছিয়াম আৰু পটেছিয়ামৰ লৱণ আছে। বহুতো মৌল অতিসূক্ষ্ম কেন্দ্ৰীভূত অৱস্থাত থাকে। সাগৰৰ পানীৰ লৱণাক্ততা সকলোতে সমান নহয়। পৃষ্ঠতল আৰু ডাঙৰ ডাঙৰ নদীৰ মোহনাৰ কাষৰ পানীৰ লৱণক্ততা কম; অন্যদিশে সাগৰৰ গভীৰতৰ অংশৰ লৱণাক্ততা বেছি। যদিও বিভিন্ন মহাসাগৰৰ ভিতৰত দ্ৰবীভূত লৱণৰ আপেক্ষিক অনুপাতৰ পাৰ্থক্য নিচেই কম। সাগৰৰ পৃষ্ঠতলৰ ওপৰেৰে প্ৰবাহিত বায়ুয়ে তৰঙ্গ সৃষ্টি কৰে। সেই তৰঙ্গ সাগৰৰ অগভীৰ স্থানত প্ৰবেশ কৰি ভাঙি যায়। সাগৰৰ উপৰিভাগৰ সৈতে বায়ুৰ ঘৰ্ষণৰ ফলত সাগৰস্ৰোতৰো সৃষ্টি হয়। এই সাগৰস্ৰোতবোৰ ধীৰগতিত অথচ নিয়মিতভাবে মহাসাগৰবোৰৰ ভিতৰত জল প্ৰবাহিত কৰে। মহাদেশবোৰৰ গঠন আৰু পৃথিৱীৰ আবৰ্তন (কোৰিঅ'লিছ প্ৰভাৱ) ইত্যাদি বহুতো কাৰণে এই প্ৰৱাহেৰ অভিমুখ নিয়ন্ত্ৰণ কৰে। বিশ্ব পৰিবহণ বেষ্টণী নামে পৰিচিত গভীৰ-সাগৰস্ৰোতবোৰ মেৰু অঞ্চলৰ পৰা ঠাণ্ডা পানী প্ৰত্যেক মহাসাগৰলৈ বহন কৰি আনে। নিজৰ অক্ষেৰ চাৰিওফালে পৃথিৱীৰ আবৰ্তন, পৃথিৱীৰ চাৰিওফালে পৰিক্ৰমণৰত চন্দ্ৰৰ মাধ্যাকৰ্ষণ বল, সামান্য পৰিমাণে সূৰ্যৰ মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱত সাধাৰণতে দিনে দুবাৰ সাগৰপৃষ্ঠৰ উত্থান আৰু পতন ঘটে। এই ঘটনা জোৱাৰ-ভাটা নামেৰে পৰিচিত। উপসাগৰ আৰু নদীৰ মোহনাত জোৱাৰ-ভাটাৰ মাত্ৰা অত্যন্ত বেছি হয়। মহাসাগৰৰ নিম্নবৰ্তী ভূগৰ্ভত ভূসাংগাঠনিক পাতৰ লৰচৰ কৰাৰ ফলত সাগৰৰ তলিত ঘটা ভূমিকম্পৰ ফলত বিধ্বংসী ছুনামিৰ উদ্ভব ঘটে। অবশ্যে আগ্নেয়গিৰিৰ অগ্ন্যুৎপাত, প্ৰবল ভূমিধ্বস অথবা উল্কাপিণ্ডৰ সংঘাতেও অনেক সময়ত ছুনামিৰ সৃষ্টি হয়। সাগৰত বিভিন্ন ধৰণৰ বেক্টেৰিয়া, প্ৰ'টিষ্টা, শেলুৱৈ, উদ্ভিদ, ভেঁকুৰ আৰু প্ৰাণীৰ সন্ধান পোৱা গৈছে। এই বাবে সাগৰত এক বৈচিত্ৰ্যময় সামুদ্ৰিক বাসস্থান আৰু বাস্তুতন্ত্ৰ গঢ়ি উঠিছে। এই জাতীয় বাসস্থান আৰু বাস্তুতন্ত্ৰ সাগৰৰ উপৰিভাগৰ সূৰ্যালোকিত জলভাগ আৰু বিষুৱ ৰেখাৰ পৰা উল্লম্বভাবে শীতল আৰু অন্ধকাৰ সাগৰতলস্থ ক্ষেত্ৰৰ পানীৰ উচ্চচাপযুক্ত সুগভীৰ অংশ আৰু উত্তৰ মেৰু অঞ্চলৰ বৰফৰ তলৰ স্থিত শীতল জলৰ পৰা অক্ষৰেখাৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ বৰ্ণবৈচিত্ৰ্যময় প্ৰৱাল প্ৰাচীৰবোৰৰ পৰ্যন্ত প্ৰসাৰিত হৈ আছে। উদ্ভিদ আৰু প্ৰাণীৰ বেছিভাগ প্ৰধান গোষ্ঠীৰ সাগৰতেই বিৱৰ্তন ঘটিছে। জীৱনৰ উৎপত্তিও সম্ভৱতঃ সাগৰতেই ঘটিছিল। সাগৰে মানৱজাতিক প্ৰচুৰ খাদ্যৰ যোগান ধৰে। ইয়াৰ ভিতৰত মাছেই প্ৰধান। ছেলফিছ, স্তন্যপায়ী প্ৰাণী আৰু সামুদ্ৰিক শেলুৱৈ সাগৰৰ পৰাই পোৱা যায়। এইবোৰ হয় জালুৱৈয়ে জাল পেলাই ধৰে অথবা পানীৰ তলত খেতি কৰা হয়। ইয়াৰোপৰি মানুহে সাগৰক বাণিজ্য, পৰ্যটন, খনিজ উত্তোলন, বিদ্যুৎ উৎপাদন, যুদ্ধ আৰু সাঁতোৰ, প্ৰমোদ ভ্ৰমণ আৰু স্কুবা ডাইভিং ইত্যাদি কাৰ্যতো ব্যৱহাৰ কৰে। এই সকলো কাৰ্যৰ বাবে সাগৰ দূষিত হয়। মানৱ সংস্কৃতিতো সাগৰৰ গুৰুত্ব অসীম। হোমাৰৰ ওডিছি মহাকাব্যৰ যুগৰ পৰা সাহিত্য, সামুদ্ৰিক শিল্পকলা, থিয়েটাৰ আৰু উচ্চাঙ্গ সংগীতত সাগৰৰ উপস্থিতি লক্ষণীয়। পৌৰাণিক সাহিত্যৰ বহুতো ক্ষেত্ৰত সাগৰক প্ৰতীকীভাবে দৈত্য অথবা দেৱতা হিচাবে চিত্ৰিত কৰা হৈছে আৰু অচেতন মন আৰু স্বপ্ন ব্যাখ্যাৰ প্ৰতীক হিচাপেও উপস্থাপিত কৰা হৈছে। সাগৰসমূহৰ তালিকা আটলাণ্টিক মহাসাগৰ বাফিন উপসাগৰ কেৰিবীয়ান সাগৰ মেক্সিকো উপসাগৰ সাৰগাসো সাগৰ† উত্তৰ সাগৰ বাল্টিক সাগৰ কেন্দ্ৰীয় বাল্টিক সাগৰ বথনিয়া উপসাগৰ বচনিয়াৰ উপসাগৰ বচনিয়া সাগৰ ফিনলেণ্ড উপসাগৰ আইৰিছ সাগৰ চেল্টিক সাগৰ ভূমধ্য সাগৰ এড্ৰিয়াটিক সাগৰ এজিয়ান সাগৰ ক্ৰিট সাগৰ মামাৰা সাগৰ কৃষ্ণ সাগৰ আজভ সাগৰ কাটালান সাগৰ আইৱনিয়ান সাগৰ সিদ্ৰা উপসাগৰ মাৰ্মাৰা সাগৰ বিস্কে উপসাগৰ উত্তৰ মহাসাগৰ হাডচন উপসাগৰ জেমছ উপসাগৰ ছ সাগৰ কাৰা সাগৰ গ্ৰীনলেণ্ড সাগৰ নৰৱেজিয়ান সাগৰ চুকছি সাগৰ লাপ্তেভ সাগৰ পূব চাইবেৰিয়ান সাগৰ হোৱাইট সাগৰ লিংকন সাগৰ ভাৰত মহাসাগৰ লোহিত সাগৰ বংগোপসাগৰ এডেন উপসাগৰ পাৰস্য উপসাগৰ ওমান উপসাগৰ আৰব সাগৰ আন্দামান সাগৰ টিমুৰ সাগৰ প্ৰশান্ত মহাসাগৰ বেৰিং সাগৰ আলাস্কা উপসাগৰ কোৰ্টেজেৰ উপসাগৰ (কেলিফোৰ্নিয়া উপসাগৰ) জাপান সাগৰ পূৰ্ব চীন সাগৰ দক্ষিণ চীন সাগৰ সুলু সাগৰ ফিলিফাইন সাগৰ ব্যান্ধা সাগৰ আৰাফুৰা সাগৰ টিমুৰ সাগৰ তাসমান সাগৰ ইয়োলু সাগৰ বোহাই সাগৰ প্ৰবাল সাগৰ চলোমান সাগৰ জাভা সাগৰ থাইলেণ্ড উপসাগৰ দক্ষিণ মহাসাগৰ ভূমধ্য সাগৰসমূহ কাস্পিয়ান সাগৰ মৃত সাগৰ তথ্য সংগ্ৰহ উল্লিখিত গ্ৰন্থ বহিঃসংযোগ নেশ্বনেল অ'ছেনিক এণ্ড এটমস্ফেৰিক এডমিনিছট্ৰেশ্বন
79033
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%B6%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%B0
বেশান্তৰ
বেশান্তৰ বা ক্ৰছ ড্ৰেছিংৰ দ্বাৰা পৰস্পৰ বিপৰীত লিংগৰ সৈতে সম্পৰ্কিত নিৰ্দিষ্ট সমাজ নিৰ্ধাৰিত সাজ-সজ্জা পৰিধান কৰাক বুজোৱা হয়। আধুনিক বিশ্বত তথা সমগ্ৰ বিশ্বৰ ইতিহাসত ছদ্মবেশ, স্বাচ্ছন্দ্য, কৌতুক অভিনয় আৰু আত্মপ্ৰকাশৰ উদ্দেশ্যে ক্ৰছ-ড্ৰেছিং ব্যৱহাৰ কৰি অহা হৈছে। পৃথিৱীৰ প্ৰায় প্ৰতিখন মানৱ সমাজে তেওঁলোকে পিন্ধিব বিচৰা শৈলী, ৰং বা প্ৰকাৰৰ পোছাকৰ সৈতে সম্পৰ্কিত প্ৰতিটো লিংগৰ বাবে সুকীয়া নিয়ম আশা কৰিছিল, আৰু একেদৰে বেছিভাগ সমাজে প্ৰতিটো লিংগৰ বাবে কেনে ধৰণৰ পোছাক উপযুক্ত সেইটো নিৰ্ধাৰণ কৰা নিৰ্দেশনা, দৃষ্টিভংগী বা আইনৰ এক সংহতি আছে। পৰিভাষা ক্ৰছ ড্ৰেছিং ৰ বিষয়ে হিব্ৰু বাইবেলত লিপিবদ্ধ হৈছে। এই অভিধাটোক বৰ্ণনা কৰাৰ চৰ্তাৱলী বিভিন্ন সময়ত সলনি হৈ আহিছে। এংলো-চেক্সন-মূলৰ শব্দ "ক্ৰছ-ড্ৰেচাৰ"-এ মুখ্যতঃ লেটিন মূলৰ "ট্ৰেন্সভেষ্টিট" শব্দটোক অতিক্ৰম কৰি অৰ্থ প্ৰকাশ কৰে। যিটো পুৰণি আৰু অপমানজনক। ইয়াৰ কাৰণ হৈছে ট্ৰেন্সভেষ্টিট শব্দটো ঐতিহাসিকভাৱে একপ্ৰকাৰৰ মানসিক ৰোগক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল (যেনে ট্ৰেন্সভেষ্টিক ফেটিচিজম), আনহাতে ক্ৰছ-ড্ৰেচাৰ শব্দটো ট্ৰেন্সজেণ্ডাৰ সম্প্ৰদায়ৰ দ্বাৰা সৃষ্ট। অক্সফৰ্ড ইংৰাজী অভিধানে ১৯১১ চনত এডৱাৰ্ড কাৰপেণ্টাৰে "ক্ৰছ-ড্ৰেছিং" শব্দটোৰ প্ৰাথমিক উদ্ধৃতি হিচাপে ব্যৱহাৰ কৰিছে: "ক্ৰছ ড্ৰেছিংক সমকামিতাৰ এক সাধাৰণ ইংগিত বাহক আৰু এক চেতন পৰিঘটনা হিচাপে ল'ব লাগিব।" ইতিহাস লিপিবদ্ধ ইতিহাসৰ বিভিন্ন অধ্যায়ত, সমাজত, আৰু বহুতো কাৰণত ক্ৰছ-ড্ৰেছিং প্ৰচলিত হৈ আহিছে। গ্ৰীক, নৰ্ছ আৰু হিন্দু পৌৰাণিক কাহিনীত ইয়াৰ বিভিন্ন উদাহৰণ বিদ্যমান। লোককাহিনী, সাহিত্য, থিয়েটাৰ আৰু সংগীত, যেনে কাবুকি আৰু কোৰিয়ান শ্বামানবাদত ক্ৰছ ড্ৰেছিঙৰ ব্যৱস্থা প্ৰচলিত। শংকৰদেৱৰ দ্বাৰা প্ৰচলিত ভাওনা সংস্কৃতিটো নাটক সমূহৰ মহিলা চৰিত্ৰ সমূহ ৰূপায়ণ কৰিবলৈ পুৰুষ সকলেই বেশান্তৰৰ দ্বাৰা অভিনয় কৰিছিল। ১৮৩৯ চনৰ পৰা ১৮৪৩ চনৰ ভিতৰত পশ্চিম আৰু মিড ৱেলছত ৰেবেকা দাঙ্গা সংঘটিত হৈছিল। ই আছিল স্থানীয় কৃষক আৰু কৃষি কৰ্মীসকলে অন্যায় কৰৰ প্ৰতিক্ৰিয়াস্বৰূপে কৰা এক শৃংখলাবদ্ধ প্ৰতিবাদ। প্ৰতিবাদকাৰী সকলৰ প্ৰায়ে মহিলাৰ পোছাক পিন্ধি প্ৰতিবাদত বহিছিল। প্ৰতিবাদকাৰীসকলে হিংসা পৰিহাৰ কৰাৰ উদ্দেশ্যে বাইবেলৰ চৰিত্ৰ ৰেবেকাৰ ছদ্মবেশ গ্ৰহণ কৰিছিল। পিছত ১৮৪৪ চনত ৱেলছত টাৰ্ণপাইক ট্ৰাষ্ট সম্পৰ্কীয় আইনসমূহ একত্ৰিত আৰু সংশোধন কৰাৰ বাবে সংসদৰ এখন আইন গৃহীত হয়। হিন্দু পুৰাণ সমূহত বেশান্তৰ এটা সাধাৰণ ঘটনা। ৰামায়ণৰ উত্তৰকাণ্ডত ৰজা ইলাৰ কাহিনীত ভগৱান শিৱক পাৰ্বতীৰ সৈতে নাৰীৰ ৰূপত জলকেলি কৰিথকা দেখুওৱা হৈছে। সমুদ্ৰ মন্থনত বিষ্ণুৱে অসুৰসকলক লক্ষ্য কৰি মোহিনী নামৰ এগৰাকী সুন্দৰী নাৰীৰ ৰূপ লৈছিল। মহাভাৰতত বহুতো গুৰুত্বপূৰ্ণ ঘটনা বেশান্তৰৰ সৈতে সম্পৰ্কিত। অৰ্জুনে মৎস্য ৰাজ্যত বৃহন্নলা নামৰ এগৰাকী মহিলা নৃত্যশিল্পীৰ ছদ্মবেশত প্ৰায় এবছৰ কাল অতিবাহিত কৰিছিল। সেই সময়ত অৰ্জুন অজ্ঞাতবাসত আছিল। ৰজা দ্ৰুপদৰ জীয়ৰী শিখণ্ডীয়ে এজন পুৰুষৰ বেশত যুদ্ধত অংশগ্ৰহণ কৰিছিল। আকৌ মৌশাল পৰ্বত যাদৱসকলে কৃষ্ণৰ পুত্ৰ শ্বাম্বক বলপূৰ্বকভাৱে গৰ্ভৱতী মহিলা ৰূপত সজাই উপহাস কৰিছিল। সামাজিক প্ৰেক্ষাপট ক্ৰছ-ড্ৰেচাৰসকলে শৈশৱতে সহোদৰ, পিতৃ-মাতৃ বা বন্ধুৰ কাপোৰ ব্যৱহাৰ কৰি বিপৰীত লিংগৰ সৈতে সম্পৰ্কিত পোছাক পিন্ধিবলৈ আৰম্ভ কৰিবও পাৰে। কিছুমান অভিভাৱকে তেওঁলোকৰ সন্তানক ক্ৰছ-ড্ৰেছৰ অনুমতি দিয়ে আৰু বহুক্ষেত্ৰত, শিশুটো ডাঙৰ হোৱাৰ পিছত এইধৰণৰ পৰিধান বন্ধ কৰে। একেধৰণৰ আৰ্হি প্ৰায়ে প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰটো থাকে, আৰু ইয়াৰ পৰিণতিত পত্নী, সঙ্গী, পৰিয়ালৰ সদস্য বা বন্ধুৰ সৈতে সংঘাত হ'ব পাৰে। বিবাহিত ক্ৰছ-ড্ৰেচাৰসকলে পত্নীৰ অসমৰ্থনত এইক্ষেত্ৰত যথেষ্ট উদ্বেগ আৰু অপৰাধ অনুভৱ কৰিব লগাত পৰে। কেতিয়াবা অপৰাধ বা আন কাৰণৰ বশৱৰ্তী হৈ ক্ৰছ-ড্ৰেচাৰসকলে তেওঁলোকৰ সকলো সাধাৰণ পোছাক নষ্ট কৰি পেলায়। এই অৱস্থাটোক "প্ৰুজিং" প্ৰথা বুলি কোৱা হয়। ইয়াৰ লগেলগে সেই ব্যক্তিয়ে কেৱল বিপৰীত লিংগৰ পোছাক পুনৰ সংগ্ৰহ কৰা আৰম্ভ কৰে। উৎসৱ বিভিন্ন সংস্কৃতিত উৎসৱ স্বৰূপে ক্ৰছ-ড্ৰেছিং উদযাপন কৰা প্ৰথাৰ প্ৰচলন আছে। কোট ডি'আইভ'ৰৰ আবিচা উৎসৱ, জাপানৰ ওফুদামাকি, আৰু ভাৰতৰ কোট্টাংকুলাঙ্গাৰা, এনে উৎসৱৰ উদাহৰণ। তথ্যসূত্ৰ
38788
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A6%BF%E0%A6%AA%E0%A6%A6%E0%A7%80%20%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A3%E0%A7%80
সন্ধিপদী প্ৰাণী
সন্ধিপদী প্ৰাণী হৈছে বহিঃকংকাল যুক্ত অমেৰুদণ্ডী প্ৰাণী, খণ্ডিত দেহ আৰু উপাংগবোৰ সন্ধিযুক্ত বা জোৰালগা। পতংগ আদিকে ধৰি সন্ধিপদীবোৰ, আৰ্থপ'ডা পৰ্বৰ অন্তৰ্গত। সন্ধিপদীৰ প্ৰধান লক্ষণ হৈছে, সিহঁতৰ পদবোৰ (ভৰি) জোৰালগা আৰু -কাইটিন আৰু/নাইবা কেলচিয়াম কাৰ্বনেটৰ দ্বাৰা গঠিত কিউটিকল্ থাকে। সন্ধিপদীৰ দেহটো কেইবাটাও খণ্ডেৰে গঠিত আৰু প্ৰতিটো খণ্ডতে এজোৰা উপাংগ থাকে। সন্ধিপদীবোৰে পৰ্যায়ক্ৰমে মোট সলাই সিহঁতৰ কঠিন খোলাটো পৰিবৰ্তন কৰি থাকে। পৰিৱেশৰ লগত খাপ খাব পৰা বিশেষ যোগ্যতাৰ ফলত ইহঁত আটাইতকৈ বেছি প্ৰজাতিযুক্ত জীৱ বিচাপে পৰিগণিত হৈছে। বৰ্তমানলৈকে প্ৰায় এক নিযুততকৈও অধিক সন্ধিপদী প্ৰাণীৰ বিষয়ে জনা যায়, যিটো জ্ঞাত জীৱিত প্ৰাণীৰ প্ৰায় ৮০% ত কৈও অধিক, ইয়াৰে কিছুমান, অন্য প্ৰাণী জীয়াই থাকিব নোৱাৰা শুকান পৰিৱেশতো বসবাস কৰে। ইহঁতৰ আকাৰ আনুবীক্ষণিক শৈৱালৰ পৰা কেইবা মিটাৰ পৰ্যন্ত দীঘল হব পাৰে। সন্ধিপদীৰ প্ৰাথমিক আভ্যন্তৰিক গহ্বৰটোকহিম'চেল বোলে, তাতে ইহঁতৰ আভ্যন্তৰিণ অংগবোৰ থাকে, আৰু ইয়াৰ মাজেৰেই হিম'লিম্ফ তেজৰ সমধৰ্মী চলাচল কৰে; ইহঁত মুক্ত পৰিবহণ তন্ত্ৰী। বাহ্যক অংগবোৰৰ দৰই, সন্ধিপদীৰ আভ্যন্তৰিণ অংগবোৰো খণ্ডযুক্ত। সিহঁতৰ স্নায়ু তন্ত্ৰ "চামৰা-সদৃশ", যুৰীয়া পৃষ্ঠীয় স্নায়ু ৰজ্জু প্ৰতিটো খণ্ডৰ মাজেৰে গৈ প্ৰতিটো খণ্ডতে যুৰীয়া গেংলিয়া গঠন কৰে। সিহঁতৰ মুণ্ড বহুতো খণ্ডেৰে গঠিত, আৰু মগজুটো এই খণ্ডবোৰত থকা গেংলিয়াবোৰ লগ লাগি গঠন হয় আৰু খাদ্যনলীৰ চাৰিওফালে আগুৰি থাকে। সন্ধিপদীবোৰ বসবাস কৰা পৰিৱেশ আৰু উপপৰ্বৰ ওপৰত ভিত্তি কৰি সিহঁতৰ শ্বাসতন্ত্ৰ আৰু ৰেচন তন্ত্ৰৰ ভিন্নতা পৰিলক্ষিত হয়। বৈশিষ্ট্য দেহৰ প্ৰতিটো খণ্ডত এযোৰকৈ উপাঙ্গ থাকে। ইহঁতৰ দেহ ত্ৰিস্তৰীয় আৰু দেহত প্ৰকৃত চিলম বা গহ্বৰ আছে। ইহঁতৰ পাচন তন্ত্ৰ সম্পূৰ্ণ আৰু ই মুখছিদ্ৰৰ পৰা পায়ুছিদ্ৰ পৰ্যন্ত বিস্তৃত। দেহৰ পৃষ্ঠদেশত হৃৎপিণ্ড আৰু ধমনীৰ দ্বাৰা মুক্ত সংবহনতন্ত্ৰ গঠিত। ইহঁতৰ দেহত বুক গিল বুক লাঙ বা শ্বাসনলী ইত্যাদিয়ে শ্বসন অঙ্গৰ কাম কৰে। মালপিজিয়ান নলিকা সেউজীয়া গ্ৰন্থি কক্সাল গ্ৰন্থি ইত্যাদিয়ে ৰেচন অঙ্গৰ কাম কৰে। স্নায়ুতন্ত্ৰ উন্নত ধৰণৰ, অৰ্থাৎ মস্তিষ্ক আৰু এযোৰ নিৰেট স্নায়ুৰজ্জু, বক্ষ আৰু উদৰ গেংগ্লিয়াৰ দ্বাৰা গঠিত হয়। ইহঁত সাধাৰণত্ একলিঙ্গ প্ৰাণী। যৌন দ্বিৰূপতা দেখা যায়। পূঞ্জাক্ষি বা সৰলাক্ষী থাকে। মানুহৰ সৈতে সম্পৰ্ক কেঁকোৰা, মিছামাছ, ক্ৰেফিছ আদি ক্ৰাষ্টাচিয়ান বহু যুগৰে পৰা মানুহৰ খাদ্য হিচাপে ব্যৱহাৰ হৈ আহিছে আৰু বৰ্তমান ব্যৱসায়িক ভাৱে ইহঁতৰ যথেষ্ট চাহিদা আছে। পতংগ আৰু ইহঁতৰ পলুবোৰ বিশ্বজুৰি কেঁচাকৈ বা সিজাই মাংস হিচাপে গ্ৰহণ কৰা হয়। কিন্তু কিছুমান ইউৰোপীয়ান, হিন্দু আৰু ইছলাম ধৰ্মী সমাজত কমকৈ ব্যৱহাৰ কৰা হয়। কম্বডিয়াত সিদ্ধ টেৰেণ্টুলাক অতি সুস্বাদু আহাৰ হিচাপে গণ্য কৰা হয়। আৰু দক্ষিণ ভেনেজুৱেলাৰ পায়াৰোৱা জনগোষ্ঠীয়ে ইহঁতৰ মুখ্য প্ৰতিৰক্ষা তন্ত্ৰ অৰ্থাৎ শুং বোৰ গুচাই ভক্ষণ কৰে। কৃষি ক্ষেত্ৰতো সন্ধিপদী প্ৰাণীৰ অৱদান উল্লেখযোগ্য। পৰাগ সংযোগৰ মূল বাহক হিচাপে ইহঁতে খাদ্য উৎপাদন তথা উদ্ভিদৰ প্ৰজননত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পৰাগ সংযোগৰ উপৰিও, মৌ মাখিয়ে মৌ উৎপাদন কৰে, এই মৌ ৰস হৈছে বহুতো উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ মূল উপাদান। মধ্য আমেৰিকাত মায়া সভ্যতাত এটা পতংগ প্ৰজাতিৰ পৰা ৰঙা ডাই উৎপাদন কৰা হৈছিল। সন্ধিপদী প্ৰাণীয়ে মানুহৰ বহু উপকাৰ কৰে যদিও যথেষ্ট অপকাৰো সাধন কৰে। পতংগৰ পৰাই বহুতো সংক্ৰামক ৰোগ বিয়পে। বহুতো সন্ধিপদী বিষাক্ত, ইহঁতৰ দংশন আৰু কামোৰত মানুহৰ ওপৰত বিভিন্ন প্ৰভাৱ পৰে। বহুতো পতংগই দংশন কৰাৰ ফলৰ বিভিন্ন ৰোগৰ সৃষ্টি হয়। কিছুমান পতংগই মানুহৰ তেজ শোষণ কৰে। টিক )ৰ পৰা মানুহৰ টিক পেৰালাইছিছ আৰু বহুতো পৰজীৱি−জনিত ৰোগ হয়। কিছুমান পতংগ তথা চাঁহীয়ে কামুহিলে খজুৱতী হয়, আৰু অন্য কিছুমানে এলাৰ্জি ৰোগ, যেনে হেই ফিভাৰ, এজমা, আৰু এস্থমা আদি সৃষ্টি কৰে। আনহাতে বহুতো সন্ধিপদী বিশেষকৈ পতংগ আৰু চাঁহী (মাইট) কৃষি তথা অৰণ্যত অপকাৰী কীট হিচাপে যথেষ্ট ক্ষতিসাধনো কৰে। ভাৰোৱা ডেষ্ট্ৰাক্টৰ নামৰ চাঁহী বিধ বিশ্বজুৰি মৌ পালক সকলৰ বাবে এটা আটাইতকৈ ডাঙৰ সমস্যাত পৰিণত হৈছে। এই কীট সমূহ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা কীতনাশক দৰৱে মানুহৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি সাধন কৰাৰ লগতে জীৱ বৈচিত্ৰৰ ওপৰতো প্ৰভাৱ পেলাই। বৰ্তমান বিজ্ঞানীসকলে কিছুমান চিকাৰী চাঁহী ব্যৱহাৰ কৰি অপকাৰী চাঁহী নিয়ন্ত্ৰণৰ কৌশল আৱিষ্কাৰ কৰিছে। তথ্য সংগ্ৰহ বৈজ্ঞানিক
55023
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%95%E0%A6%BE%E0%A6%B6%20%E0%A6%AF%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BE
মহাকাশ যাত্ৰা
মহাকাশ যাত্ৰা বা হৈছে মহাকাশত বা বহিঃ মহাকাশলৈ কৰা যাত্ৰা। মহাকাশ যাত্ৰা মানৱবিহীন নাইবা মানৱ পৰিবাহী হ'ব পাৰে। ছ'ভিয়েট সংঘৰ য়ুৰি গেগেৰিন আছিল মহাকাশ যাত্ৰা কৰা প্ৰথম মহাকাশচাৰী। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এপ'ল' চন্দ্ৰ অভিযান আৰু স্পেছ ছাটল প্ৰগ্ৰেম আৰু ৰাছিয়ান ছুইছ প্ৰগ্ৰেম লগতে বৰ্তমান চলি থকা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ আদি হৈছে মানৱ পৰিবাহী মহাকাশ যাত্ৰাৰ উদাহৰণ। মানৱবিহীন মহাকাশ যাত্ৰাৰ উদাহৰণ হৈছে, পৃথিৱী কক্ষপথৰ বাহিৰলৈ পঠিওৱা স্পেছ প্ৰ'ব, পৃথিৱী বা অন্য গ্ৰহ−উপগ্ৰহক প্ৰদক্ষিণ কৰি থকা কৃত্ৰিম উপগ্ৰহসমূহ, যেনে যোগাযোগকাৰী উপগ্ৰহ আদি। এই উপগ্ৰহবোৰ টেলিৰব'টিক পদ্ধতিৰে নাইবা সম্পূৰ্ণ স্বয়ংক্ৰিয়ভাৱে নিয়ন্ত্ৰণ কৰা হয়। মহাকাশৰ অধ্যয়নৰ বাবে মহাকাশ যাত্ৰা কৰা হয়, ইয়াৰোপৰি মহাকাশ পৰিভ্ৰমণ আৰু কৃত্ৰিম উপগ্ৰহীয় যোগাযোগৰ দৰে ব্যৱসায়িক কাৰণতো মহাকাশ যাত্ৰা কৰা হয়। মহাকাশ নীৰিক্ষণ, ভূ−নীৰিক্ষণ উপগ্ৰহ আদিৰ বাবেও মহাকাশ যাত্ৰা প্ৰয়োজনীয়। আদৰ্শগতভাৱে ৰকেট উৎক্ষেপণৰ যোগেদি মহাকাশ যাত্ৰাৰ আৰম্ভণি হয়, ইয়াৰ ফলত মহাকাশ যানখন পৃথিৱীৰ মাধ্যকৰ্ষণ শক্তিৰ বিপৰীত দিশত গতি কৰি পৃথিৱীপৃষ্ঠৰ বাহিৰলৈ ওলাই যাবলৈ সক্ষম হয়। মহাকাশত প্ৰৱেশ কৰাৰ পিছত, মহাকাশ যানখনৰ প্ৰপেলযুক্ত আৰু প্ৰপেলহীন অৱস্থাৰ গতিৰ অধ্যয়নক মহাকাশগতি বিজ্ঞান বোলা হয়। কিছুমান মহাকাশ যান মহাকাশতে থাকি যায়, কিছুমান পুনৰ প্ৰেৰণৰ বাবে নমাই অনা হয় আৰু কিছুমান গ্ৰহ বা উপগ্ৰহৰ পৃষ্ঠত অৱতৰণ অথবা সংঘৰ্ষ কৰোৱা হয়। ইতিহাস ৰকেটৰ সহায়ত মহাকাশ যাত্ৰাৰ প্ৰথম তত্ত্বীয় প্ৰস্তাৱনা পোৱা যায় স্কটিছ জ্যোতিৰ্বিদ উইলিয়াম লেইচৰ লেখা ১৮৬১ চনৰ এ জাৰ্ণী থ্ৰু স্পেচ গ্ৰন্থত। ইয়াতকৈও সুপৰিচিত (অৱশ্যে কেৱল ৰাছিয়াৰ ভিতৰত) প্ৰাসঙ্গিক কাৰ্য হল ১৯০৩ চনত কনষ্টানটিন টছিউলক'ভস্কিৰ লিখিত প্ৰতিক্ৰিয়াশীল যন্ত্ৰৰ দ্বাৰা মহাকাশীয় অনুসন্ধান নামৰ গ্ৰন্থখন। মহাকাশযাত্ৰা তত্ত্বীয় আলোচনাৰ বাহিৰে ইয়াৰ বাস্তৱায়নযোগ্য সম্ভাৱনাৰ কথা ৰবাৰ্ট এইচ গডাৰ্ডৰ চৰম উচ্চতাত প্ৰৱেশৰ পদ্ধতি (১৯১৯) নিৱন্ধটোত পোৱা যায়। তৰল প্ৰজ্বলক ৰকেট ডি লাভাল নলে ব্যৱহাৰ কৰিছিল, তেওঁ ৰকেটৰ কাৰ্যক্ষমতাক আন্তগ্ৰহ ভ্ৰমণৰ পৰ্যায়লৈ লৈ গৈছিল। ইয়াৰোপৰি তেওঁ গবেষণাগাৰত প্ৰমাণ কৰিছিল যে মহাকাশৰ শূন্যস্থানটো ৰকেটৰ কাৰ্যকাৰিতা বৰ্তি থাকে। তথাপি তেওঁ এই অৱদানে সমকালীন জনপ্ৰিয়তা পোৱা নাছিল। প্ৰথম বিশ্বযুদ্ধৰ সময়ত গডাৰ্ডে ৰকেট-নিক্ষিপ্ত অস্ত্ৰ উৎপাদনৰ সামৰিক চুক্তি পোৱাৰ চেষ্টা কৰিছিল, কিন্তু ১৯১৮ চনৰ ১১ নৱেম্বৰ তাৰিখে জাৰ্মানীৰ অস্ত্ৰ সম্বৰণৰ কাৰণে তেওঁৰ এই প্ৰচেষ্টা ফলপ্ৰসূ হোৱা নাছিল। পৰবৰ্তী সময়ত ১৯২৬ চনত ব্যক্তিপৰ্যায়ৰ আৰ্থিক সমৰ্থনত তেওঁ ইতিহাসৰ সৰ্বপ্ৰথম তৰল-প্ৰজ্বলক ৰকেট উৎক্ষেপন কৰিবলৈ সক্ষম হৈছিল। হেৰ্মান উবেৰ্টে গডাৰ্ডেৰ কামৰ দ্বাৰা বিশেষভাৱে অনুপ্ৰাণিত হৈছিল, আৰু তেওঁৰ কামৰ পৰা ভেৰ্নাৰ ফন ব্ৰাউনে অনুপ্ৰেৰণা পাইছিল। এডল্ফ হিটলাৰৰ অধীনত কৰ্মৰত অৱস্থাত ব্ৰাউনে সৰ্বপ্ৰথম ৰকেটচালিত নিয়ন্ত্ৰিত ক্ষেপণাস্ত্ৰ তৈয়াৰ কৰিছিল। তেওঁ তৈয়াৰ কৰা ভি-২ আছিল মহাকাশত প্ৰৱেশ কৰা প্ৰথম ৰকেট, যি ১৯৪৪ চনৰ জুন মাহত পৰীক্ষামূলকভাৱে উৎক্ষেপন কৰোঁতে ১৮৯ কিলোমিটাৰ উচ্চতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। কনষ্টানটিন টছিউলক'ভস্কি ৰকেট গৱেষণা তেওঁৰ জীৱনকালত উপযুক্ত সন্মান পোৱা নাছিল, পৰৱৰ্তী সময়ত সেই কাৰ্যই ছাৰ্গেই কোৰোলেভক ৰকেটৰ বিষয়ে কাম কৰিবলৈ উৎসাহিত কৰিছিল। কোৰোলেভে ষ্টেলিনৰ অধীনত ছ'ভিয়েট ৰাছিয়াৰ প্ৰধান ৰকেট নক্সাকাৰীৰ পদ গ্ৰহণ কৰিছিল। তেওঁৰ দায়িত্ব আছিল আমেৰিকান বোমাৰু বিমান প্ৰতিহত কৰাৰ বাবে নিউক্লিয়াৰ অস্ত্ৰবাহী আন্তঃমহাদেশীয় ক্ষেপনাস্ত্ৰ তৈয়াৰ কৰা। কোৰোলেভৰ নক্সামতে তৈয়াৰ কৰা আৰ-৭ ছেমিৱৰ্কা ৰকেটচালিত ভস্তক ১ মহাকাশযানতেই প্ৰথম কৃত্ৰিম উপগ্ৰহ স্পুৎনিক ১ (৪ অক্টোবৰ ১৯৫৭) আৰু প্ৰথম মহাকাশচাৰী য়ুৰি গেগেৰিনক (এপ্ৰিল ১২, ১৯৬১) মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত ফন ব্ৰাউন আৰু তেওঁৰ অধীনস্থ ৰকেট গবেষকদলৰ অনেকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওচৰত আত্মসমৰ্পণ কৰে। তাৰ পিছৰত তেওঁলোকক আমেৰিকান ক্ষেপণাস্ত্ৰ গবেষণাত নিয়োজিত কৰা হয়। আমেৰিকান সামৰিক ক্ষেপণাস্ত্ৰ সংস্থাত তেওঁলোকৰ কৰ্মৰ ফলস্বৰূপে জুনো ১ আৰু এছএম-৬৫ এটলাছ ৰকেটৰ মাধ্যমত মহাকাশলৈ প্ৰথম আমেৰিকান কৃত্ৰিম উপগ্ৰহ এক্সপ্লোৰাৰ ১ উৎক্ষেপন কৰা হয় (ফেব্ৰুৱাৰী ১, ১৯৫৮), আৰু পিছত ফ্ৰেণ্ডশ্বিপ ৭ত প্ৰথম আমেৰিকান মহাকাশচাৰী জন গ্লেনক মহাকাশলৈ প্ৰেৰণ কৰা হয় (ফেব্ৰুৱাৰী ২০, ১৯৬২)। মাৰ্ছাল মহাকাশ যাত্ৰা কেন্দ্ৰৰ পৰিচালক পদত থকাকালত ফন ব্ৰাউনে ছেটাৰ্ণ শ্ৰেনীৰ বৃহত্তৰ ৰকেট তৈয়াৰ কৰে, যি আমেৰিকা যুক্তৰাষ্ট্ৰৰ চন্দ্ৰাভিযানত অভুতপূৰ্ব সাফল্য আনি দিয়ে। এই ৰকেটৰ সহায়তে আমেৰিকা যুক্তৰাষ্ট্ৰই ১৯৬৯ চনৰ জুলাই মাহত এপ'ল' ১১ মহাকাশযানত নীল আৰ্মষ্ট্ৰং আৰু বাজ এলড্ৰিনক চন্দ্ৰত অৱতৰণ কৰাই আৰু পৃথিৱীলৈ ঘুৰাই অনাৰ কৃতিত্ব অৰ্জন কৰে। একে সময়তে ছ'ভিয়েট সংঘও এজন মহাকাশচাৰীক চন্দ্ৰত অৱতাৰণ কৰোৱাৰ বাবে এন১ ৰকেট তৈয়াৰৰ প্ৰচেষ্টা চলাইছিল, কিন্তু এই চেষ্টা সফল হোৱা নাছিল। তথ্য সংগ্ৰহ জ্যোতিৰ্বিজ্ঞান
4803
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A7%B1%E0%A6%95%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%20%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE
নৱকান্ত বৰুৱা
নৱকান্ত বৰুৱা অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম। তেওঁ একেধাৰে এগৰাকী কবি, শিশু সাহিত্যিক আৰু ঔপন্যাসিক। ‘এখুদ ককাইদেউ’ বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম। তেওঁ সীমা দত্ত ছদ্মনামেৰেও তিনিটা কবিতা ৰচনা কৰিছিল। জীৱনৰ প্ৰথমটো কবিতা চিলেথতে লিখা বাবে নন্দ তালুকদাৰে তেওঁক চিলেঠীয়া কবি বুলিছিল।‘মোৰ আৰু পৃথিৱীৰ’ কাব্য গ্ৰন্থৰ বাবে তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা (১৯৭৪) লাভ কৰিছিল। ১৯৭৫ চনত ‘ককাদেউতাৰ হাড়’ উপন্যাসৰ বাবে তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য অকাডেমিয়ে প্ৰদান কৰা সাহিত্য অকাডেমি বঁটা আৰু ১৯৭৬ চনত ভাৰত চৰকাৰে প্ৰদান কৰা পদ্মভূষণ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ ১৯৯৩ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু ১৯৯৮ চনত কমল কুমাৰী ফাউণ্ডেচনে প্ৰদান কৰা ‘কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা’ লাভ কৰিছিল। ১৯৯০ চনত নৱকান্ত বৰুৱাই অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰে। তেওঁ কটন কলেজৰ ইংৰাজী বিষয়ৰ অধ্যাপক আছিল। সুদীৰ্ঘ দিন অধ্যাপনা আৰু বিদ্যায়তনিক কৰ্মৰ লগত জড়িত থকাৰ উপৰিও নৱকান্ত বৰুৱা সাহিত্য অকাডেমি, ভাৰতীয় প্ৰগতিশীল লেখক মহাসংঘ, অসম প্ৰগতিশীল শিল্পী-সাহিত্যিক সংঘ, অসম সাহিত্য সভা, আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা আদি অনুষ্ঠানৰ সৈতে সক্ৰিয়তাৰে জড়িত আছিল। নৱকান্ত বৰুৱা কবি, ৰাজনীতিবিদ দেৱকান্ত বৰুৱাৰ ভাতৃ। নৱকান্তৰ কবিতাবোৰে আধুনিক অসমীয়া কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে। নৱকান্ত বৰুৱাৰ প্ৰতিখন কবিতা-পুথি কায়িক জীৱনৰ সৌন্দৰ্য, প্ৰেমৰ মাধুৰী, মৃত্যু, ৰহস্য আদি বিবিধ বিষয়বস্তুৰে সমৃদ্ধ। তেওঁৰ কবিতাবোৰত ৰবীন্দ্ৰনাথ ঠাকুৰ, এলিয়ট, হুইটমেন তথা খলিল জিব্ৰানৰ কবিতাৰ কিছু কিছু প্ৰভাৱ দেখা পোৱা যায় যদিও এক নিজস্ব স্বকীয়তা তেওঁৰ সমূহ কাব্যসম্ভাৰত বিদ্যমান। তেখেতৰ বহু সমাদৃত কবিতাসমূহৰ ভিতৰত অন্যতম হল 'মনত পৰেনে অৰুন্ধতী', 'ইয়াত নদী আছিল', 'পলস', 'ৰাৱন', 'মহাকাব্যৰ পাণ্ডুলিপি', 'ক্ৰমশঃ' আদি। তেওঁৰ কবিতা প্ৰসঙ্গত মহেন্দ্ৰ বৰাই উল্লেখ কৰিছে, "এহাতে ৰবীন্দ্ৰনাথ, আনহাতে ইলিয়ট। এয়ে বোধকৰোঁ নৱকান্ত বৰুৱাৰ কাব্য-পৰিক্ৰমাৰ কুমেৰু-সুমেৰু। মাজত আৰু বহুতো বিখ্যাত, অখ্যাত আৰু কুখ্যাত কবিৰ হেঁচা-ঠেলা।" (অৱতৰণিকা, "নতুন কবিতা") (প্ৰকাশ, আগষ্ট, ২০১৯, পৃষ্ঠা-৪) জন্ম আৰু বংশ পৰিচয় আহোমৰ দিনত নগাঁৱৰ কলিয়াবৰ আৰু দৰঙৰ চতিয়া অঞ্চলকে খৰঙি বোলা হৈছিল। এই অংশত বসবাস কৰা বৰুৱা সকল আছিল খৰঙি বৰুৱা ইংৰাজৰ শাসন কালত খৰঙি বৰুৱাৰ পৰিয়ালটো নগাঁৱৰ পুৰণিগুদাম অঞ্চললৈ উঠি আহে। এই খৰঙি বৰুৱা পৰিয়ালেই নৱকান্ত বৰুৱাৰ পূৰ্বপুৰুষ। বৰুৱাৰ ককাদেউতাৰ হাড় কিতাপখন খৰঙি বৰুৱা পৰিয়ালৰ ইতিহাস। এই উপন্যাসখনত নৱকান্ত বৰুৱাই তেওঁৰ ককাক সম্ভু বৰুৱাৰ জীৱনৰ আধাৰত খৰঙি বৰুৱাৰ ঘৰৰ নিৰাময় মৌজাদাৰ চৰিত্ৰটি অংকন কৰিছে। নৱকান্ত বৰুৱাৰ জন্ম হৈছিল গুৱাহাটীত, ১৯২৬ চনৰ ২৯ ডিচেম্বৰত। তেওঁৰ পিতৃ নীলকান্ত বৰুৱাই শিক্ষা বিভাগৰ সহ পৰিদৰ্শক ৰূপে বৰপেটা আৰু গুৱাহাটীত চাকৰি কৰিছিল। ঘোঁৰাত উঠি চাকৰি কৰিবলৈ অসুবিধা পাই তেওঁ নগাঁৱৰ চৰকাৰী হাইস্কুলত শিক্ষক ৰূপে যোগদান কৰে। ১৯৩৯ চনত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু ১৯৪৪ চনত তেওঁৰ মৃত্যু হয়। নৱকান্ত বৰুৱাৰ মাতৃৰ নাম স্বৰ্ণলতা বৰুৱাণী। নৱকান্ত বৰুৱাৰ ভাতৃ তিনিগৰাকী দেৱকান্ত, জীৱকান্ত আৰু শিৱকান্ত। তেওঁৰ ভাতৃ দেৱকান্ত বৰুৱাও অসমৰ অন্যতম শ্ৰেষ্ঠ কবিসকলৰ ভিতৰত এজন। গুৱাহাটীত জন্ম গ্ৰহণ কৰিলেও নৱকান্তৰ শৈশৱ-কৈশোৰ আৰু যৌৱন পাৰ হৈছিল নগাঁৱতে। জন্ম সূত্ৰে তেওঁ ঘৰৰ পৰাই এটি সাংস্কৃতিক পৰিৱেশ পাইছিল। ৰবীন্দ্ৰনাথ, নজৰুল, শৰৎ চন্দ্ৰ কৈশোৰতে পঢ়ি শেষ কৰিছিল আৰু নৱম শ্ৰেণীত পঢ়ি থাকোঁতে প্ৰথমখন কবিতা পুথি ‘মুক্তি’ লিখি উলিয়াইছিল। শিক্ষা নৱকান্ত বৰুৱাৰ শিক্ষা জীৱনৰ আৰম্ভণি ঘটিছিল এখন বালিকা স্কুলত। পিছত তেওঁ চৰকাৰী মজলীয়া স্কুললৈ আহে। ইংৰাজৰ শাসনকালত ইয়াক বঙলা স্কুল বোলা হৈছিল। হেডমাষ্টৰ আছিল উপাৰ্জন শইকীয়া। এই বঙলা স্কুলতে ক, খ আৰু প্ৰথম শ্ৰেণী পঢ়ি নৱকান্ত বৰুৱাই ১৯৩৩ চনত নগাওঁ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক্লাচ থ্ৰিত নাম ভৰ্তি কৰে আৰু তাৰেপৰাই তেওঁ ১৯৪১ চনত সুখ্যাতিৰে মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত ভৰ্তি হয়। কিন্তু সন্নিপাত জ্বৰত ভুগি বহুত দিনলৈ বিচনা ল'ব লগা হোৱাত তেওঁৰ পঢ়া-শুনাত ব্যাঘাত জন্মে আৰু কটনৰ ছাত্ৰ-জীৱন সিমানতে অন্ত পৰে। ইতিমধ্যে নৱকান্তৰ দেউতাক নীলকান্ত বৰুৱাই চাকৰিৰ পৰা অৱসৰ লোৱা বাবে ই পৰিয়ালটোৰ আৰ্থিক অৱস্থাত প্ৰভাৱ পেলাইছিল। কলিকতাৰ শান্তিনিকেতনত পঢ়াটো আছিল গুৱাহাটীত পঢ়াতকৈ কম খৰছী। সেয়ে বৰুৱাই ১৯৪৩ চনত উচ্চ শিক্ষাৰ বাবে কলিকতাৰ শান্তিনিকেতনলৈ যায়। শান্তিনিকেতনত পঢ়ি থাকোঁতেই দেউতাকৰ মৃত্যু হোৱাত অধ্যক্ষ অনিল চন্দ্ৰই বৰুৱাৰ বি এ পৰীক্ষাৰ ফিজৰ দায়িত্ব লয়। এই প্ৰসংগত নৱকান্তই ডন কুইকচ’ট’ শীৰ্ষক আত্মজীৱনী মূলক কবিতাটিত লিখিছিল− ১৯৪৭ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী, বঙলা ভাষা (দ্বিতীয় ভাষা), অসমীয়া (ভাৰ্ণেকুলাৰ) আৰু ইংৰাজী বিষয়ত অনাৰ্ছ সহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। নৱকান্ত বৰুৱাই ১৯৫৩ চনত উত্তৰ প্ৰদেশৰ আলীগড় মুছলিম বিশ্ববিদ্যালয় পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। শান্তিনিকেতনত পঢ়ি থাকোঁতেই নৱকান্তই কিছুদিন কলা ভৱনত চিত্ৰকলাৰ শিক্ষাও গ্ৰহণ কৰিছিল আৰু দুই-চাৰিখন ছবি আঁকিছিল। তেওঁ নিজৰ কাব্য গ্ৰন্থ হে ‘অৰণ্য, হে মহানগৰ’ আৰু উপন্যাস কপিলীপৰীয়া সাধু (প্ৰথম সংস্কৰণ)ৰ বেটুপাত নিজে অংকন কৰিছিল। তাৰোপৰি, ড° বীৰন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গ্ৰন্থ ‘ৰাজপথে ৰিঙিয়ায়’, প্ৰফুল্ল দত্ত গোস্বামীৰ ‘শেষ ক’ত’, পৰাগ চলিহাৰ ‘চাৰি হাজাৰ বছৰৰ অসম’ আৰু কটন কলেজত অধ্যাপনা কৰা সময়ছোৱাত ‘কটনিয়ান’ৰ কেইবাটাও সংখ্যাৰ বেটুপাত নৱকান্ত বৰুৱাই অংকন কৰিছিল। কৰ্মজীৱন উত্তৰ প্ৰদেশৰ শিকোহাবাদত অৱস্থিত এ. কে. মহাবিদ্যালয়ত শিক্ষকতা বৃত্তিৰে নৱকান্ত বৰুৱাই নিজৰ বৰ্ণময় কৰ্মজীৱন আৰম্ভ কৰিছিল। কিছুদিন তাত শিক্ষকতা কৰাৰ পাছত তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। ১৯৫৪ চনত তেওঁ গুৱাহাটীৰ কটন মহাবিদ্যালয়লৈ বদলি হৈ আহে আৰু তাৰেপৰাই তেওঁ ১৯৮৪ চনত উপাধ্যক্ষ ৰূপে অৱসৰ গ্ৰহণ কৰে। নৱকান্ত বৰুৱাই মাজতে ১৯৬৪ চনৰপৰা ১৯৬৭ চনলৈ তিনিবছৰ কাল অসম চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদত ইংৰাজী শিক্ষাৰ বিষয়া ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০০২ চনৰ ১৪ জুলাই তাৰিখে শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগি বৰুৱাৰ মৃত্যু হয়। বিদেশ ভ্ৰমণ সাহিত্য কৃতি বৰুৱাক অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণ বুলি গণ্য কৰা হৈছিল। বৰুৱাৰ লেখাবোৰ আছিল সেই সময়ৰ পৰিপ্ৰেক্ষিতত অতি সমসাময়িক। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কবিতাৰেই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু স্বাধীনতাৰ পিছৰ পৰ্যায়ৰ আশে-পাশে তেওঁৰ সাহিত্য ৰচনাৰ উত্থান ঘটিছিল। সাহিত্য অকাডেমী বঁটা বিজয়ী “ককাদেউতাৰ হাড়” উপনাসখনক সৰ্বকালৰ ধ্ৰুপদী বুলি উল্লেখ কৰা হৈছে। তেওঁ সৰ্বমুঠ ৫ খন উপন্যাস লিখিছিল। ইয়াৰ লগতে বৰুৱাই শিশুৰ বাবেও সাহিত্য ৰচনা কৰিছিল। তেওঁৰ ৰচনাসমূহো বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে। ১৯৮৪ চনত তেওঁ “সীৰলু” নামৰ এক অসমীয়া আলোচনী প্ৰকাশ কৰে যিখন পৰৱৰ্তী সময়ত “নতুন সীৰলু” হিচাপে প্ৰকাশ পায়। কবিতা হে অৰণ্য হে মহানগৰ (১৯৫১) যতি আৰু কেইটামান স্কেচ্ছ (১৯৬০) এটি দুটি এঘাৰটি তৰা (১৯৫৭) ৰত্নাকৰ (১৯৮৬) ৰাৱণ(১৯৬৩) সূৰ্যমুখীৰ অঙ্গীকাৰ (১৯৯০) মোৰ আৰু পৃথিৱী (১৯৭৩) এখন স্বচ্ছ মুখাৰে (১৯৬০) দলঙত তামীঘৰা (১৯৯১) সম্ৰাট (১৯৬২) নিৰ্বাচিত কবিতা (ইংৰাজীত) অনুবাদ এশ কবিতা আহত মৰাল নজৰুল ইছলামৰ কবিতা মুক্তধাৰা কবিৰাই কয় উপন্যাস কপিলীপৰীয়া সাধু (১৯৫২) ককাদেউতাৰ হাড় (১৯৭৩) গৰমা কুৱঁৰী (১৯৮০) মানুহ আটাইবোৰ দ্বীপ (১৯৮০) পটাচাৰা (১৯৮৭) অ-পদাৰ্থ (১৯৮১) অহিংসাৰ জুই (অসমাপ্ত, ‘সীৰলু’ত প্ৰকাশিত) গীতৰ সংকলন মনৰ খবৰ (১৯৬৩) ভ্ৰমণ কাহিনী দেশে দেশে মোৰ দেশ (১৯৮৯) নাটক এটি গীতৰ জন্ম হ’ল কুশ জাতক অভিৰূপ নন্দা শিশু ৰচনা আখৰৰ জখলা (১৯৫৮) শিয়ালী পালেগৈ ৰতনপুৰ (১৯৫৫) ভ উকাৰে ভু (১৯৬০) মাখনৰ কুকুৰা পোৱালি (১৯৬২) মই টুনীয়ে টুন টুনালোঁ (১৯৮১) গোলাপ আৰু বেলিফুল (১৯৮১) মনত পৰা শব্দ (১৯৮৩) কিশোৰ ৰামায়ণ (১৯৮৭) মৰুৱা ফুল (সংকলন-সম্পাদন-১৯৮৪) বিবিধ মোৰে ভাৰতৰে (১৯৬২) অসমীয়া ছন্দ শিল্পৰ ভূমিকা (১৯৫৮) ৰমণীয় (১৯৬৩) কবিতাৰ দেহ বিচাৰ (১৯৮৭) ভাষান্তৰ বিশ্বমানৱৰ অভিমুখে (মূল: ৰবীন্দ্ৰনাথ ঠাকুৰ) ৱাল্ট হুইট্মেনৰ এশ কবিতা (সাহিত্য অকাডেমিৰ দ্বাৰা প্ৰকাশিত) নজৰুল ইচলামৰ কবিতা (সাহিত্য অকাডেমিৰ দ্বাৰা প্ৰকাশিত) সুমিত্ৰানন্দন পন্তৰ কবিতা (অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ দ্বাৰা প্ৰকাশিত) মুক্তধাৰা (মূল: ৰবীন্দ্ৰনাথ ঠাকুৰ) এলচেছটিছ (মূল:ইউৰিডিচ) হিন্দু-মুছলমানৰ যুক্ত সাধনা (মূল:ক্ষিতিমোহন সেন) আহত মৰাল (মূল: আলেকজেণ্ডাৰ পুস্কিনৰ- সংকলন-সম্পাদনা ভাৰতীয় চাৰুকলাৰ ভূমিকা আধুনিক অসমীয়া অভিধান গাৰো-অসমীয়া-ইংৰাজী অভিধান ৰবীন্দ্ৰ-চয়নিকা (ৰত্নকান্ত বৰকাকতিৰ সহযোগত) সীৰলু, নতুন সীৰলু, জোনবাই, পোহৰ স্বীকৃতি আৰু সন্মান পদ্মভূষণ (১৯৭৬), অসম উপত্যকা সাহিত্য বঁটা (১৯৯৩), সম্বলপুৰ বিশ্ববিদ্যালয়ৰ গংগাধৰ বঁটা, সাহিত্য অকাডেমি বঁটা (১৯৭৫), ককাদেউতাৰ হাড় উপন্যাসৰ বাবে। মধ্যপ্ৰদেশৰ কবীৰ সন্মান (১৯৯০), কমল কুমাৰী বঁটা (১৯৯৮), অসম সাহিত্য সভাৰ বিশ্বনাথ চাৰিআলি অধিৱেশনৰ সভাপতি (১৯৯০), অসম প্ৰকাশন পৰিষদ বঁটা (১৯৭৪) মোৰ আৰু পৃথিৱীৰ কবিতা সংকলনৰ বাবে। ছোভিয়েট দেশ নেহৰু বঁটা তথ্য সংগ্ৰহ সহায়ক গ্ৰন্থপঞ্জী সঞ্চয়ন (ড॰ মহেশ্বৰ নেওগ, পৃষ্ঠা ৪৫০) অসমীয়া সাহিত্যঃ আধুনিক যুগ (পৃষ্ঠা ৯৩) গৰীয়সী (মে’ ২০০৬, পৃষ্ঠা নং ৮) নতুন কবিতা (সম্পাদক মহেন্দ্ৰ বৰা, অৱতৰণিকা) বাহ্যিক সংযোগ ইণ্ডিয়ান ৰিভিউ ৱেবছাইটত নৱকান্ত বৰুৱাৰ কেইটামান লেখা অসমৰ ব্যক্তি মৃত ব্যক্তি অসমীয়া কবি অসমীয়া ঔপন্যাসিক অসমীয়া শিশু সাহিত্যিক অসম সাহিত্য সভাৰ সভাপতি পদ্মভূষণ বঁটা বিজয়ী অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী অসম উপত্যকা সাহিত্য বঁটা বিজয়ী কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা
98832
https://as.wikipedia.org/wiki/%E0%A6%A1%E0%A7%8D%E0%A7%B0%E0%A7%81%20%E0%A7%B1%E0%A6%BE%E0%A6%87%E0%A6%9B%E0%A7%8D%E2%80%8C%E0%A6%AE%E0%A7%87%E0%A6%A8
ড্ৰু ৱাইছ্‌মেন
ড্ৰু মেন জন্ম: ৭ ছেপ্টেম্বৰ, ১৯৫৯) এজন আমেৰিকান চিকিৎসক-বিজ্ঞানী আৰু নোবেল বঁটা বিজয়ী। তেওঁ আৰএনএ জীৱবিজ্ঞানৰ অৱদানৰ বাবে বিশেষভাৱে জনাজাত। তেওঁৰ আৰএনএ সম্পৰ্কীয় গৱেষণায়াই প্ৰতিষেধক প্ৰস্তুত কৰাত সহায় কৰিছে। ইয়াৰে আটাইতকৈ পৰিচিত ভেকচিন হৈছে বায়'এনটেক/ফাইজাৰ আৰু মডাৰ্নাই প্ৰস্তুত কৰা ক'ভিড-১৯ৰ ভেকচিন। মেন বৰ্তমান ভেকচিন গৱেষণাৰ উদ্বোধনী ৰবাৰ্টছ পৰিয়ালৰ অধ্যাপক, পেন ইনষ্টিটিউট ফৰ আৰ এন এ উদ্ভাৱনৰ পৰিচালক আৰু চিলভেনিয়া বিশ্ববিদ্যালয়ৰ পেৰেলমেন স্কুল অৱ মেডিচিনৰ চিকিৎসা বিজ্ঞানৰ অধ্যাপক। তেওঁ আৰু তেওঁৰ গৱেষক সহকৰ্মী কাটালিন কাৰিক'ৱে যুটীয়াভাৱে লাস্কাৰ-ডিবেকি ক্লিনিকেল মেডিকেল ৰিচাৰ্চ এৱাৰ্ডকে আদি কৰি বহুতো বঁটা আৰু সন্মাম লাভ কৰিছে। কাটালিন কাৰিক'ৰ সৈতে যুটীয়াভাৱে "ক'ভিড-১৯ৰ বিৰুদ্ধে ফলপ্ৰসূ এম আৰ এন এ ভেকচিন প্ৰস্তুত কৰাত সক্ষম কৰা নিউক্লিঅ'চাইড ভিত্তি পৰিৱৰ্তন সম্পৰ্কীয় তেওঁলোকৰ আৱিষ্কাৰৰ বাবে" ২০২৩ চনৰ শৰীৰতত্ত্ব বা চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ১৯৫৯ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে মেছাচুচেটছৰ লেক্সিংটনত ড্ৰু মেনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ইহুদী সম্প্ৰদায়ৰ আৰু মাতৃ ইটালীয়ান আছিল। তেওঁ মেছাচুচেটছৰ লেক্সিংটনত ডাঙৰ-দীঘল হৈছিল। তেওঁ ১৯৮১ চনত ব্ৰেণ্ডেইছ বিশ্ববিদ্যালয়ৰ পৰা বি.এ. আৰু এম.এ. ডিগ্ৰী লাভ কৰে। ব্ৰেণ্ডেইছ বিশ্ববিদ্যালয়ত তেওঁ জৈৱ ৰসায়ন আৰু এনজাইম'লজী মুখ্য বিষয় হিচাপে অধ্যয়ন কৰিছিল আৰু তেওঁ জেৰাল্ড ফাছমেনৰ পৰীক্ষাগাৰত গৱেষণা কৰিছিল। তেওঁ ইমিউন’লজী আৰু মাইক্ৰ’বায়’লজীত স্নাতক ডিগ্ৰী লাভ কৰি ১৯৮৭ চনত বষ্টন বিশ্ববিদ্যালয়ত এম.ডি আৰু পি এইচ ডি লাভ কৰে। ইয়াৰ পিছত মেনে বেথ ইজৰাইল ডিকনেছ মেডিকেল চেণ্টাৰত আৱাসিক চিকিৎসক হিচাপে কাম কৰে। তাৰ পিছত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানত (এন আই এইচ) ফেল’শ্বিপ লাভ কৰে আৰু ৰাষ্ট্ৰীয় এলাৰ্জী আৰু সংক্ৰামক ৰোগ প্ৰতিষ্ঠানৰ সঞ্চালক এণ্টনি ফাউচিৰ তত্ত্বাৱধানত গৱেষণা কৰাৰ সুবিধা লাভ কৰে। কৰ্মজীৱন ১৯৯৭ চনত মেন আৰ এন এ আৰু সহজাত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ জীৱবিজ্ঞান অধ্যয়নৰ বাবে পেনচিলভেনিয়া বিশ্ববিদ্যালয়লৈ গৈ নিজৰ পৰীক্ষাগাৰ আৰম্ভ কৰে। বৰ্তমান তেওঁ এই বিশ্ববিদ্যালয়খনৰ ভেকচিন গৱেষণাৰ ৰবাৰ্টছ পৰিয়ালৰ অধ্যাপক। বিশ্ববিদ্যালয়খনত ভেকচিনৰ বিষয়ে অধ্যয়ন কৰা ৰোগ প্ৰতিৰক্ষাবিদ মেনে তেওঁৰ সহকৰ্মী আৰু সহযোগী কাটালিন কাৰিক'ক এটা ফটোকপি মেচিনৰ ওচৰত লগ পাইছিল। তেওঁলোকে আৰ এন এ গৱেষণাৰ বাবে ধনৰ অভাৱৰ বাবে সহানুভূতি প্ৰকাশ কৰে। সেই সময়ত কাৰিকোৱে মস্তিষ্কৰ ৰোগ আৰু ষ্ট্ৰোকৰ ওপৰত আৰ এন এ চিকিৎসাৰ চেষ্টা কৰি আছিল। ৱেইছমেনে কাৰিক'ৰ সৈতে সহযোগিতা কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত তেওঁৰ মনোযোগ ভেকচিনত আৰ এন এ প্ৰযুক্তিৰ প্ৰয়োগলৈ সলনি কৰে। তেওঁলোকে সন্মুখীন হোৱা মূল বাধা আছিল যে আৰ এন এয়ে বিৰূপ প্ৰতিক্ৰিয়া হিচাপে অবাঞ্চিত প্ৰতিৰোধ ক্ষমতা আৰু প্ৰদাহজনিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ২০০৫ চনত তেওঁলোকে এক মাইলৰ খুঁটি স্বৰূপ অধ্যয়নত প্ৰকাশ কৰে য'ত কৃত্ৰিম নিউক্লিঅ'চাইড ব্যৱহাৰ কৰি শৰীৰে ইয়াৰ অৱক্ষয় ৰোধ কৰিবলৈ আৰ এন এৰ পৰিৱৰ্তন ঘটায়। এই অগ্ৰগতিয়ে আৰ এন এ চিকিৎসা পদ্ধতিৰ ব্যৱহাৰৰ ভেটি স্থাপন কৰিলে। ২০০৬ চনত তেওঁ আৰু কাৰিকোৱে আৰ এন এ আৰ এক্সৰ সহ-প্ৰতিষ্ঠা কৰে। তেওঁলোকৰ উদ্দেশ্য আছিল নতুন আৰ এন এ থেৰাপী বিকশিত কৰা। ২০২০ চনত তেওঁলোকৰ পৰিৱৰ্তিত আৰ এন এ প্ৰযুক্তিয়ে ক'ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে বিশ্বজুৰি নিয়োগ কৰা ফাইজাৰ/বায়'এনটেক আৰু মডাৰ্নাই নিৰ্মাণ কৰা ক'ভিড-১৯ প্ৰতিষেধকৰ মূল উপাদান হৈ পৰে। ৱেইছমেনে বিশ্বাস কৰে যে একে প্ৰযুক্তিৰ সহায়ত ইনফ্লুৱেঞ্জা, হাৰপিছ আৰু এইচ আই ভিৰ বিৰুদ্ধে ভেকচিন প্ৰস্তুত কৰিব পৰা যাব। ৱেইছমেনে থাইলেণ্ডৰ চুলালংকৰ্ণ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ সৈতে সহযোগিতা কৰি দেশখনৰ লগতে চুবুৰীয়া নিম্ন আয়ৰ দেশসমূহৰ বাবে ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰস্তুত কৰি প্ৰদান কৰি আহিছে। বঁটা আৰু সন্মান মেচেঞ্জাৰ আৰ এন এ সম্পৰ্কীয় তেওঁলোকৰ গৱেষণাৰ বাবে মেন আৰু কাৰিক'ৱে যুটীয়াভাৱে ২০২৩ চনৰ শৰীৰতত্ত্ব বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে। ইয়াৰ উপৰিও তেওঁলোকে ২০২০ চনৰ ৰ'জেনষ্টিয়েল বঁটা, লুইছা গ্ৰছ জ বঁটা, আলবানি মেডিকেল চেণ্টাৰ বঁটা, লাস্কাৰ-ডিবেকি ক্লিনিকেল মেডিকেল ৰিচাৰ্চ এৱাৰ্ড আৰু ৰবাৰ্ট এছ. লেংগাৰৰ সৈতে বিবিভিএ ফাউণ্ডেশ্যন ফ্ৰণ্টিয়াৰ্ছ অৱ নোলেজ এৱাৰ্ড লাভ কৰিছে। ৱেইছমেনে ড্ৰেক্সেল ইউনিভাৰ্চিটি কলেজ অৱ মেডিচিনৰ পৰা সন্মানীয় ডিগ্ৰী লাভ কৰে। ২০২১ চনত তেওঁক "বৈজ্ঞানিক গৱেষণা" শাখাত প্ৰিন্সেছ অৱ আষ্টুৰিয়াছ বঁটাৰে সন্মানিত কৰা হয়। ২০২১ চনত তেওঁ আৰু কাৰিকোৱে লাভ কৰে ২০২২ চনৰ বাবে তেওঁ জীৱন বিজ্ঞানৰ ব্ৰেকথ্ৰু বঁটা, কাটালিন কাৰিকোৰ সৈতে যৌথভাৱে এন এ এছৰ জেছি ষ্টিভেনছন কোভালেংকো পদক লগতে জাপান বঁটা লাভ কৰে। ২০২২ চনত তেওঁ ৰবাৰ্ট কোচ বঁটা লাভ কৰে। তদুপৰি তেওঁ বায়'ফাৰ্মাচিউটিকেল বিজ্ঞানৰ টাং বঁটা, আমেৰিকান একাডেমী অৱ এচিভমেণ্টৰ গোল্ডেন প্লেট বঁটা লাভ কৰাৰ লগতে নেচনেল একাডেমী অৱ মেডিচিন আৰু আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড চাইন্সেছলৈ নিৰ্বাচিত হয়। ২০২৩ চনত তেওঁ ইজৰাইলত ২০২১ চনৰ বাবে প্ৰদান কৰা টেকনিয়নৰ হাৰ্ভি বঁটা লাভ কৰে। দ্য ৱাশ্বিংটন পোষ্টত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ৱেইছমেনে সমগ্ৰ বিশ্বৰ মানুহৰ ক’ভিড-১৯ৰ ভেকচিন সম্ভৱ কৰি তোলা কামৰ বাবে তেওঁক ধন্যবাদ জনাই মেইল লাভ কৰে এজনে কৈছিল "আপুনি আকৌ আলিংগন আৰু ঘনিষ্ঠতা সম্ভৱ কৰি তুলিছে" লগতে তেওঁক এখন ছবি বা অটোগ্ৰাফ বিচাৰি মেইল কৰিছিল। পেটেণ্ট ৱেইছমেন বহু পেটেণ্টৰ উদ্ভাৱক। তাৰে ভিতৰত উল্লেখযোগ্য হৈছে 2 আৰু 2। এই দুই পেটেণ্টে আৰ এন এক ভেকচিন আৰু অন্যান্য চিকিৎসাৰ বাবে উপযোগী কৰিবলৈ প্ৰয়োজনীয় পৰিৱৰ্তনৰ বিশদ বিৱৰণ দিয়ে। পিছলৈ এই পেটেণ্টসমূহৰ অনুজ্ঞাপত্ৰ চেলস্ক্ৰিপ্টৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া গেৰী ডাহলক প্ৰদান কৰা হয়। পৰৱৰ্তী সময়ত তেওঁ মডেৰ্না আৰু বায়’এনটেকক এই প্ৰযুক্তিৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰে আৰু অৱশেষত তেওঁলোকৰ ক’ভিড-১৯ ভেকচিনত ইয়াক ব্যৱহাৰ কৰে। তথ্য উৎস বাহ্যিক সংযোগ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি জীৱিত ব্যক্তি চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা
23113
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0%20%E0%A6%95%E0%A6%BE%E0%A6%81%E0%A6%B9%20%E0%A6%B6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%AA
অসমৰ কাঁহ শিল্প
কাঁহ এবিধ ৰাসায়নিক মিশ্ৰ ধাতু। ইয়াৰ প্ৰস্তুতকৰণ প্ৰণালী সুকীয়া। ৰাং আৰু তাম এই দুই ধাতু নিৰ্দিষ্ট উষ্ণতাত গলাই এক বিশেষ মিশ্ৰণ প্ৰক্ৰিয়াৰে কাঁহ প্ৰস্তুত কৰা হয়। সাধাৰণতে ইয়াৰ অনুপাত হ’ল ২০:৮০। কেতিয়াবা সামান্য পৰিমাণে দস্তা আৰু সীহ যোগ দিয়া হয়। ষোল্ল শতিকাত প্ৰথমে কাঁহ প্ৰস্তুত কৰা হৈছিল। কাঁহৰ অৱমন্দন নিম্ন, আৰু ইয়াক পশ্চিমৰ দেশত ঘাইকৈ ঘণ্টা সাজিবলৈ ব্যৱহাৰ কৰা হৈছিল। এই ধাতু যথেষ্ট ব্যয়বহুল। অসমত কাঁহ শিল্পৰ আৰম্ভণি আহোম ৰাজত্বৰ কালতেই অসমৰ সৰ্থেবাৰীত কাঁহ-পিতল শিল্পৰ বিকশিত হ’বলৈ ধৰিছিল। বহু ইতিহাসবিদে ক’ব খোজে যে, আহোম ৰজা ৰুদ্ৰ সিংহৰ প্ৰচেষ্টাত সৰ্থেবাৰী আৰু হাজো অঞ্চলত কাঁহ-পিতলৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিবলৈ এক শ্ৰেণীৰ লোক নিয়োগ কৰা হৈছিল। আহোম যুগত অসমৰ কাঁহ শিল্পত ব্যৱহৃত কেইবিধমান সঁজুলি আছিল এনেধৰণৰ নিয়াৰি (পিতল খুন্দা লোৰ ডাঙৰ যতন), বেলমূৰি (মজলীয়া আকাৰৰ নিয়াৰি), চাতুলি (সৰু আকাৰৰ নিয়াৰি), সৰাহ (কাঁহ পিতল পোনাবলৈ ব্যৱহাৰ কৰা যতন), আফুৰি (জুইশাল) আদি। কাঁহৰ সঁজুলি প্ৰস্তুত প্ৰণালী অসমত এই কাঁহ ধাতুৰ পৰাই কাঁহৰ বাচন-বৰ্তন তৈয়াৰ কৰা হয়। কাঁহৰ বাচন-বৰ্তন নিৰ্মাণ প্ৰণালীটোৰো এক বিশেষ কৌশল আছে। প্ৰথমতে কাঁহখিনি আফৰৰ জুইত মুহিৰ ভিতৰত থৈ গলাই লোৱা হয়। তাৰ পাছত গলিত ধাতুখিনিত আঁকৰ ঢালি দিয়া হয়। চেঁচা হোৱাৰ পাছত ই টান হৈ পিঠাৰ আকৃতি লয়। তাৰপিছত এইবোৰ তপতাই লৈ নিয়াৰিত থৈ হাতুৰীৰে প্ৰস্তুত কৰিব লোৱা বাচন গঢ় লোৱালৈকে কোবাই থকা হয়। মূল ওজা কঁহাৰজনে সঁৰাহেৰে ইয়াক টানকৈ ধৰি লৈ ঘূৰাই থাকে আৰু বাকী পালি কঁহাৰসকলে এটা গতিত হাতুৰীৰে কোবাই থাকে। ডাঙৰ হাতুৰীৰ চিনবোৰ আকৌ জুইৰ তাপ দি সৰু হাতুৰীৰে কোবাই মিহি কৰা হয়। ইয়াৰ পাছত পানীত কিছুসময় জুবুৰিয়াই চেঁচা কৰি তাক অ’ৰে ঘঁহি মিহি কৰাৰ লগতে চাফা কৰা হয়। পিছত আকৌ কুন্দাত দি গুণা টানি প্ৰয়োজন অনুসৰি মিহি কৰা হয়। শেষত ইয়াৰ ওপৰত ছেনাৰ সহায়ত ফুল-পাত,লতা আদি কটা হয়। যি ঠাইত এই প্ৰস্তুতকৰণ প্ৰণালী সম্ভৱ হয় তাক গঢ়শাল বুলি কোৱা হয়। গঢ়শালত কমেও আঠ-দহজনীয়া লোকৰ একোটা দলৰ লোকে কাম কৰে। গঢ়শালৰ মুখ্য কঁহাৰজনক “ওজা কহাঁৰ” আৰু বাকী কেইজনক “ভাইগা কহাঁৰ” বুলি কোৱা হয়। কাঁহ শিল্পৰ সঁজুলিসমূহ নিয়াৰি কাঁহ হাতুৰীৰে কোবাই বাচনৰ আকৃতি দিবৰ ব্যৱহাৰ কৰা ঘূৰণীয়া শকত লো। হাতুৰী কাঁহৰ সঁজুলিবোৰ বিভিন্ন আকৃতিত গঢ়িবলৈ সজোৱা লোৰ সঁজুলি। সঁৰাহ নিয়াৰিৰ ওপৰত কাঁহ চেপি ধৰা লোৰ সঁজুলি। ঢেকা এমূৰে ভাঁজ থকা লোৰ নিয়াৰি। খন্তা কাঁহৰ সামগ্ৰীসমূহ গঢ়াৰ পাছত পৰিষ্কাৰ কৰিবলৈ লোৱা সঁজুলি। ছেনা কাঁহৰ সামগ্ৰীসমূত ফুলকটা, মিহিকৰা আদি কামত ব্যৱহাৰ কৰা বটালিৰ নিচিনা লোৰ সামগ্ৰী। ৰেতি কাঁহৰ সামগ্ৰীসমূহ ঘঁহি ঘঁহি কাটিবলৈ আৰু মিহি কৰিবৈ ব্যৱহাৰ কৰা সঁজুলি। মুহী কাঁহ জুইত গলাবলৈ লোৱা মাটিৰ পাত্ৰ। আফৰ এঙাৰেৰে ভৰা জুহালখনত মুহী বহুৱাব পৰা নিৰ্দিষ্ট আয়তনৰ ঠাইখিনিক আফৰ বোলে। ঘৰমাৰা কাঁহৰ সামগ্ৰীত ফুল কাটিবলৈ ব্যৱহাৰ কৰা লোৰ শলা। ৰাগী -পাত্ৰত সুদৃশ্য ফুল কাটিবলৈ ব্যৱহাৰ কৰা এবিধ বিশেষ যতন। পঁজাল বিভিন্ন সাঁচৰ সামগ্ৰী তৈয়াৰ কৰিবলৈ এইবিধ যতন ব্যৱহাৰ কৰা হয়। অসমৰ কাঁহ শিল্পৰ লগত জড়িত অঞ্চলসমূহ হাজো, সৰ্থেবাৰী অসমৰ কাঁহ শিল্পৰ বাবে বিখ্যাত। অতীজৰেপৰা বৰ্তমানলৈকে জাতীয় ঐতিহ্যপূৰ্ণ এই শিল্পটো এই অঞ্চলত বৰ্তমানলৈকে জীয়াই আছে। আহোম ৰাজত্বকালত হাজো, সৰ্থেবাৰীৰ বাহিৰেও উজনি অসমৰ তিতাবৰ, ৰহা, ঢেকিয়াজুলি আদি ভালেমান ঠাইত কাঁহ শিল্পৰ প্ৰচলন আছিল। কিন্তু কালৰ সোঁতত এই শিল্পটো সেই ঠাইৰপৰা নোহোৱা হ’ল। কাঁহৰ বিভিন্ন সামগ্ৰী গঢ়শালত গঢ়া কাঁহৰ সামগ্ৰীসমূহ এনেধৰণৰ- কাঁহী, সাধাৰণতে ভাত খাবলৈ ব্যৱহাৰ কৰা হয়। এই কাঁহী বিভিন্ন ধৰণৰ যেনে:- বাণকাঁহী, জাতকাঁহী, মাইহাং কাঁহী, পাণধোৱা কাঁহী, ডফলা কাঁহী ইত্যাদি। আঞ্জা, জলপান খাবলৈ ব্যৱহাৰ কৰা বাচনক বাতি বোলা হয়। বিভিন্ন ধৰণৰ বাতি হ’ল- বাণবাতি, জেলবাতি, তেলবাতি, হাতীখুজীয়া বাতি ইত্যাদি। অন্যান্য সামগ্ৰীসমূহ চুটি ডিঙিৰ বহল মুখ থকা পানী খোৱা পাত্ৰবিধক ঘটি বোলা হয়। দীঘল ডিঙিৰ সৰু মুখৰ পাত্ৰবিধক লোটা বোলা হয়। দীঘল ডিঙিৰ সৰুবিধ লোটাক ডগডগী লোটা বোলে। পেট ডাঙৰ আৰু ডিঙি ঠেক পানী থোৱা পাত্ৰবিধক কলহ বোলে। বস্তু ধুবলৈ ব্যৱহাৰ কৰা পাত্ৰবিধক চৰিয়া বোলে। তামোল পাণেৰে মান ধৰাৰ ক্ষেত্ৰত আৰু নৈবেদ্য সজাওঁতে ব্যৱহাৰ কৰা পাত্ৰবিধ হ’ল বঁটা। দেৱ-দেৱীৰ উদ্দেশ্যে আগবঢ়োৱা নৈবেদ্য আৰু সন্মানীয় ব্যক্তিক মান ধৰিবলৈ ব্যৱহাৰ কৰা ওখ ডাঙৰ বঁটাই হ’ল শৰাই। তাল হ’ল নাম প্ৰসঙ্গত বজোৱা কাঁহৰ চেপেটা ঘূৰণীয়া বাদ্য। ভোৰতাল, পাতিতাল, খুটিতাল আদি কেইবাবিধো তাল কাঁহেৰে প্ৰস্তুত কৰা হয়। মন্দিৰত চাকি জ্বলোৱা সামগ্ৰীবিধৰ নাম গছা। নলী লগোৱা দীঘল লোটাক ভোগজৰা বোলে। ধোঁৱা খাবলৈ ব্যৱহাৰ কৰা দীঘল নলীৰ সামগ্ৰীবিধ হ’ল গুৰগুৰি। এই প্ৰধান সামগ্ৰীবোৰৰ উপৰিও ফুলদানি, টেমী, কলচী, দাপনী, জাৰী চামুচ আদি সামগ্ৰীও নিৰ্মাণ কৰা দেখা যায়। বৰ্তমানৰ কাঁহ-শিল্পৰ অৱস্থা বৰ্তমান অসমৰ কাঁহ-শিল্প ধবংসৰ দিশলৈ গতি কৰিছে। ইয়াৰ ধবংসৰ কাৰণ বৰ্ণনা কৰি আঞ্চলিক কঁহাৰ সংঘৰ সম্পাদক মহিৰাম দাসে দ্য চানডে ইণ্ডিয়ানক কয়: তথ্য সংগ্ৰহ বাহ্যিক সংযোগ কাঁহ-পিতল শিল্পৰ বিষয়ে চানডে ইণ্ডিয়ানত প্ৰকাশিত এটা লেখা অসমৰ সংস্কৃতি ভাৰতৰ
84578
https://as.wikipedia.org/wiki/%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%95%E0%A6%B9%27%E0%A6%AE%20%E0%A6%9A%E0%A6%BF%E0%A6%A8%E0%A6%A1%E0%A7%8D%E0%A7%B0%E2%80%99%E0%A6%AE
ষ্টকহ'ম চিনড্ৰ’ম
ষ্টকহ'ম চিনড্ৰ’ম হৈছে এনে এক তাত্ত্বিক অৱস্থা, য'ত পণবন্দীসকলে বন্দিত্বৰ সময়ত তেওঁলোকক বন্দী কৰাসকলৰ সৈতে মানসিক বন্ধন গঢ়ি তোলে। ষ্টকহ'ম চিনড্ৰ’ম অভিজ্ঞতা থকা প্ৰায়ভাগ লোককে অধ্যয়ন চলাবলৈ বিচাৰি পোৱাটো কঠিন। ইয়াৰ ফলত এই অৱস্থাৰ বিকাশ আৰু প্ৰভাৱৰ ধাৰা নিৰ্ণয় কৰাটো কঠিন হৈ পৰে। আচলতে অৱস্থাটোৰ বৈধতাৰ ওপৰত থকা সন্দেহৰ বাবে ইয়াক এক "প্ৰতিদ্বন্দ্বিতামূলক ৰোগ" বুলি গণ্য কৰা হয়। একেলগে কটোৱা অন্তৰংগ সময়ত বন্দী আৰু অপহৰণকাৰীসলকৰ মাজত আৱেগিক বন্ধন গঢ় লৈ উঠিব পাৰে, কিন্তু সাধাৰণতে ভুক্তভোগীয়ে সহিবলগীয়া বিপদ সংক্ৰান্তত এইবোৰক অযুক্তিকৰ বুলি গণ্য কৰা হয়। মূলতঃ শৈক্ষিক গৱেষণাৰ বাবে প্ৰয়োজনীয় এক সামঞ্জস্যপূৰ্ণ শৰীৰৰ অভাৱৰ বাবে আমেৰিকাৰ মানসিক ৰোগ আৰু বিকাৰ নিৰ্ণয়ৰ বাবে প্ৰামাণিক আহিলা- ডায়েগনষ্টিক এণ্ড ষ্টেটিষ্টিকেল মেনুৱেল অৱ মেন্টেল ডিছঅৰ্ডাৰত ষ্টকহ'ম চিনড্ৰ’ম কেতিয়াও অন্তৰ্ভুক্ত কৰা হোৱা নাই। এই চিনড্ৰ’মটো বিৰল। এফ বি আইৰ তথ্য অনুসৰি পণবন্দী হোৱা প্ৰায় ৮% লোকে ষ্টকহম চিনড্ৰ’মৰ লক্ষণ দেখুৱায়। ১৯৭৩ চনত ছুইডেনৰ ষ্টকহ’মত বেংক ডকাইতিৰ সময়ত চাৰিজনক পণবন্দী কৰাৰ সময়ত এই শব্দটো প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমে ব্যৱহাৰ কৰিছিল পণবন্দীসকল মুকলি হোৱাৰ পিছত তেওঁলোক অপহৰণকাৰীসকলৰ পক্ষ লৈছিল আৰু তেওঁলোকৰ বিৰুদ্ধে আদালতত সাক্ষ্য দিবলৈ সন্মত হোৱা নাছিল। মন কৰিবলগীয়া যে এই গোচৰত অৱশ্যে আৰক্ষীয়ে পণবন্দীসকলৰ সুৰক্ষাৰ প্ৰতি অলপো সচেতন হোৱা নোহোৱা বুলি ধৰা হৈছিল, যাৰবাবে তেওঁলোকে হয়তো সাক্ষ্য দিবলৈ অনিচ্ছাৰ কাৰণ বিচাৰি পাইছিল। ষ্টকহ’ম চিনড্ৰ’ম বিৰোধমূলক। পণবন্দীসকলে তেওঁলোকৰ অপহৰণকাৰীৰ প্ৰতি সহানুভূতিশীল আৱেগ অনুভৱ কৰাৰ বিপৰীতে সাধাৰণ ৰাইজে অপহৰণকাৰীসকলৰ প্ৰতি ভয় আৰু অৱজ্ঞা পোষণ কৰে। ষ্টকহ’ম চিনড্ৰ’মৰ বৈশিষ্ট্যৰ চাৰিটা মূল উপাদান: এজন পণবন্দীৰ অপহৰণকাৰীৰ প্ৰতি ইতিবাচক অনুভৱৰ বিকাশ হয়। পণবন্দী আৰু অপহৰণকাৰীৰ মাজত পূৰ্বৰ কোনো সম্পৰ্ক নাথাকে। পণবন্দীসকলে আৰক্ষী আৰু অন্যান্য চৰকাৰী কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰিবলৈ অস্বীকাৰ কৰে। যেতিয়াই ভুক্তভোগীয়ে আক্ৰমণকাৰীৰ দৰেই একে মূল্যবোধত বিশ্বাস কৰিবলৈ লয়, তেতিয়াই অপহৰণকাৰীৰ মানৱীয়তাৰ ওপৰত পণবন্দীৰ ভৰষা জন্মে আৰু সিহঁতক ভাবুকি হিচাপে লোৱা বন্ধ কৰে। অপহৰণ বা পণবন্দী আদায় কৰাৰ প্ৰসংগৰ বাহিৰেও কিছুমান নিৰ্যাতনৰ বলি হোৱা লোকৰ প্ৰতিক্ৰিয়াক বুজাবলৈও "ষ্টকহ'ম চিনড্ৰ’ম" শব্দটো ব্যৱহাৰ কৰা হৈছে। যৌন নিৰ্যাতন, মানৱ সৰবৰাহ, উগ্ৰবাদ, সন্ত্ৰাসবাদ, অৰ্থনৈতিক অত্যাচাৰ, আৰ্থিক দমন, ৰাজনৈতিক দমন আৰু ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা লোকৰ ক্ষেত্ৰতো ষ্টকহ’ম চিনড্ৰ’মৰ দৰে কাৰ্য্-কলাপ আৰু মনোভাৱ দেখা পোৱা গৈছে। ইয়াৰ কাৰণ হ'ল ষ্টকহ’ম চিনড্ৰ’মক ‘‘চাপ আৰু বিপদৰ সৈতে মোকাবিলা কৰাৰ আন এক পদ্ধতি’’ বুলি ধৰা হয়। সমস্যাটোৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক নাথাকিলেও ইয়াৰ মাজেদি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ উপায় বিচাৰি পায়। এই ধৰণৰ মোকাবিলা ব্যৱস্থাই “আঘাত পৰৱৰ্তী চাপজনীত ব্যাধি”ৰ ওপৰত বৃহৎ প্ৰভাৱ পেলাব পাৰে। ইতিহাস ষ্টকহ’ম বেংক ডকাইতি ১৯৭৩ চনত পেৰ’লত থকা দোষী জেন-এৰিক অলছনে ছুইডেনৰ ষ্টকহ’মৰ অন্যতম বৃহৎ বেংক ক্ৰেডিটবেংকেনৰ তিনিগৰাকী মহিলা আৰু এজন পুৰুষ, মুঠ চাৰিজন কৰ্মচাৰীক পণবন্দী কৰি লৈ যায়, যিটো এক ব্যৰ্থ বেংক ডকাইতিৰ ঘটনা আছিল। অপহৰণকাৰীজনে তেওঁৰ সহায়ৰ বাবে আলোচনা চলাই কাৰাগাৰত থকা তেওঁৰ বন্ধু ক্লাৰ্ক অলফছন মুক্ত কৰি আনিছিল। দুয়োজন অপৰাধীয়ে পণবন্দীসকলক বেংকৰ এটা ভল্টত ছয় দিন (২৩–২৮ আগষ্ট) বন্দী কৰি ৰাখিছিল। যেতিয়া পণবন্দীসকলক মুকলি কৰি দিয়া হ’ল, তেতিয়া তেওঁলোকৰ কোনোৱেই আদালতত দুয়োজন অপহৰণকাৰীৰ বিৰুদ্ধে সাক্ষ্য নিদিলে। ষ্টকহ’ম আৰক্ষীয়ে ছুইডেনৰ অপৰাধ বিজ্ঞানী আৰু মনোৰোগ বিশেষজ্ঞ নিলছ্ বেজেৰ’টৰ পৰা পণবন্দী হিচাপে ভুক্তভোগীসকলৰ প্ৰতিক্ৰিয়া আৰু আচৰণৰ বিশ্লেষণ বিচাৰিছিল আৰু তেতিয়াই বিজ্ঞানীগৰাকীয়ে এই পৰিঘটনাটোক বাখ্যা কৰিবলৈ নৰ্মাল্মষ্ট’ৰ্জ চিনড্ৰ’ম শব্দযুগলৰ উদ্ভাৱন কৰিছিল। নৰ্মাল্মষ্ট’ৰ্জ ষ্টকহ’মৰ সেইটো অঞ্চল, য’ত ডকাইতিৰ ঘটনাটো সংঘটিত হৈছিল। পিছলৈ ছুইডেনৰ বাহিৰত ইয়াক ষ্টকহ’ম চিনড্ৰ’ম বুলি কবলৈ লোৱা হৈছিল। মনোৰোগ বিশেষজ্ঞ ফ্ৰেংক অচবাৰ্জে পণবন্দীৰ স্থিতিৰ মোকাবিলা কৰাৰ সহায়ক হোৱাকৈ ইয়াক প্ৰথম সজ্ঞায়িত কৰিছিল। মেৰী মেকেলৰয় ১৯৩৩ চনত চাৰিজন লোকে বন্দুক দেখুৱাই ২৫ বছৰ বয়সীয়া মেৰী মেকেলৰয়ক ঘৰৰ পৰা অপহৰণ কৰি লৈ যায়। তেওঁক পৰিত্যক্ত ফাৰ্ম হাউচলৈ লৈ গৈছিল আৰু বেৰত শিকলিৰে বান্ধি থৈছিল। মুকলি হোৱাৰ পিছত তেওঁ অপহৰণকাৰীসকলৰ সপক্ষেহে মাত মাতিছিল আৰু কৈছিল যে সিহঁত কেৱল ব্যৱসায়ীহে। অপহৰণকাৰী কেইজন কাৰাগাৰত থকা সময়তো তেওঁ সিহঁতক লগ কৰিবলৈ গৈ আছিল। অৱশেষত তেওঁ আত্মহত্যা কৰে আৰু এই টোকাটো লিখি থৈ যায়: মোৰ চাৰিজন অপহৰণকাৰীয়েই হয়তো পৃথিৱীৰ একমাত্ৰ মানুহ যিয়ে মোক একেবাৰে মূৰ্খ বুলি গণ্য নকৰে। পেটি হাৰ্ষ্ট পেটি হাৰ্ষ্ট আছিল এজন কোটিপতি প্ৰকাশক উইলিয়াম ৰেণ্ডল্ফ হাৰ্ষ্টৰ নাতিনী। চিম্বিঅ’নীজ লিবাৰেচন আৰ্মী নামৰ এটা গ্ৰাম্য গেৰিলা গোটে ১৯৭৪ চনত তেওঁক অপহৰণ কৰিছিল। কিন্তু ঘটনাৰ দুমাহৰ পাছত তেওঁক অপহৰণকাৰীৰ সৈতে স্বেচ্ছাই ডকাইতি কাণ্ডত অংশ লোৱা দেখা গ’ল। ১৯৭৫ চনত আৰক্ষীৰ হাতত ধৰা পৰাৰ পিছতো তেওঁ নিজৰ প্ৰকৃত পৰিচয় লুকুৱাই ৰাখি ‘তানিয়া’ নামৰ এটা ভুৱা নামেৰে নিজৰ পৰিচয় দিয়ে। গেৰিলা গোটটোৰ প্ৰতি মুকলিকৈ সহানুভূতি প্ৰকাশ কৰাত আদালতে তেওঁক ৭ বছৰৰ কাৰাদণ্ড বিহে। তথাপিও তেওঁ নিজৰ স্থিতিৰ পৰা আঁতৰি নাহিল। পিছলৈ অৱশ্যে তেওঁৰ শাস্তি হ্ৰাস কৰা হৈছিল। তথ্যউৎস বাহ্যিক সংযোগ
68826
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A7%8D%E0%A6%95%E0%A7%80%20%E0%A6%95%E0%A7%87%E0%A6%95%E0%A6%B2%E0%A6%BE%E0%A6%81
কাল্কী কেকলাঁ
কাল্কী কেকলাঁ জন্ম ১০ জানুৱাৰী ১৯৮৪) হৈছে এগৰাকী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু লেখিকা। বলিউদত অপ্ৰচলিত আৰু ব্যতিক্ৰমধৰ্মী ধাৰাৰ ছবিত অভিনয়ৰ বাবে কাল্কী পৰিচিত। তেখেতে এতিয়ালৈকে এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, এটা ফিল্মফেয়াৰ, দুটা স্ক্ৰীণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ফৰাচী নাগৰিক হ'লেও কাল্কীয়ে জীৱনৰ অধিকাংশ সময় ভাৰততেই অতিবাহিত কৰিছে। ভাৰতৰ পণ্ডিচেৰীত জন্মগ্ৰহণ কৰা কাল্কীৰ পিতৃ-মাতৃ হৈছে ফৰাচী মূলৰ। খুবেই কম বয়সতে কাল্কী থিয়েটাৰৰ প্ৰতি আকৰ্ষিত হয়। লণ্ডন বিশ্ববিদ্যালয়ত তেখেতে নাট্যৰ বিষয়ে অধ্যয়ন কৰে। সপ্তাহান্তিকত কাল্কীয়ে হোটেলৰ পৰিচাৰিকা হিচাপে কাম কৰিছিল। একেটা সময়তে তেখেতে স্থানীয় থিয়েটাৰ কোম্পানীৰ লগতো কাম কৰি থাকে। ভাৰতলৈ উভতি আহি কাল্কীয়ে 'দেৱ-দী' নামৰ ছবিখনৰ জৰিয়তে অভিষকে কৰে। ২০০৯ চনত মুক্তিলাভ কৰা ছবিখনৰ জৰিয়তে কাল্কীয়ে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা লাভ কৰে। পৰ্যায়ক্ৰমে ২০১১ আৰু ২০১৩ চনত কাল্কীয়ে 'জিন্দেগী না মিলেগী দুবাৰা' আৰু 'য়ে জৱানী হে দিৱানী'ত অভিনয় কৰে। দুয়োখন ছবিৰ বাবে তেখেতে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ সহ-অভিনত্ৰীৰ মনোনয়ন লাভ কৰে। ২০১১ চনত কাল্কীয়ে 'ডেট গাৰ্ল ইন য়েলো বুটছ' নামৰ ছবিখনৰ বাবে চিত্ৰনাট্য ৰচনা কৰে। এইখন এখন অপৰাধমূলক থ্ৰিলাৰ ছবি আছিল, য'ত কাল্কীয়ে শীৰ্ষ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৪ চনত কাল্কীতে 'মাৰ্গাৰিটা উইথ এ ষ্ট্ৰ' নামৰ এখন ছবিত অভিনয় কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ পৰা বিচাৰকৰ বিশেষ বঁটা অৰ্জন কৰে। ২০১০ৰ দশকত, কাল্কীয়ে ৱেব চিৰিজৰ পৃথিৱীখনত প্ৰৱেশ কৰে। ২০১৯ চনত কাল্কীক দেখা যায় প্ৰাইম ভিডিঅ'ৰ ৱেব ছিৰিজ 'মেইড ইন হেভেন' আৰু নেটফ্লিক্সৰ ৱেব চিৰিজ 'ছেক্ৰেড গেইমছ'ত। কাল্কীয়ে মঞ্চৰ বাবে বহুকেইখন নাটক লিখিছে আৰু প্ৰযোজনা কৰিছে। একাংশ নাট্যত তেখেতে অভিনয়ো কৰিছে। ২০০৯ চনত তেখেতে 'স্কেলিটন ৱমেন' নামৰ নাটকখনৰ সহ-লেখক হিচাপে অৱতীৰ্ণ হয়। নাটকখনৰ জৰিয়তে তেখেতে 'দ্য মেট্ৰপ্লাছ প্লেইৰাইট' বঁটা লাভ কৰে। কাল্কী এগৰাকী সমাজকৰ্মীও। নাৰী শিক্ষা আৰু লিংগ সমতাৰ হকে তেখেতে সক্ৰিয়ভাৱে মাত মাতি আহিছে। প্ৰাৰম্ভিক জীৱন কাল্কী কেকলাঁৰ জন্ম হৈছিল ভাৰতৰ পণ্ডিচেৰীত, ১৯৮২ চনৰ ১০ জানুৱাৰীত। তেখেতৰ পিতৃ আছিল ফৰাচী মূলৰ জোৱেল কেকলাঁ আৰু মাতৃ হৈছে ফ্ৰাংকইছ আৰমাণ্ডি। তেওঁলোক সেইসময়ত ফ্ৰান্সৰ এঞ্জাৰছৰ পৰা আহি ভাৰতত আছিলহি। কাল্কী হৈছে মৰিছ কেকলাঁৰ উত্তৰপ্ৰজন্ম। মৰিছ আছিল এগৰাকী ফৰাচী স্থপতি অভিযন্তা, যিয়ে আইফেল টাৱাৰৰ আৰ্হিকাৰ আৰু নিৰ্মাণত অন্যতম ভূমিকা লৈছিল। কাল্কীৰ অভিভাৱক শ্ৰী অৰবিন্দৰ উপাসক। কাল্কীয়ে শৈশৱৰ এছোৱা দীঘলীয়া সময় অৰ'ভিলত কটাইছে। পৰিয়ালটো পাছলৈ তামিলনাডুৰ উটিত স্থায়ীভাৱে থাকিবলৈ লয়। ইয়াতে কাল্কীৰ পিতৃয়ে নিজাকৈ ব্যৱসায়ো আৰম্ভ কৰে। উটিৰ এটা কঠোৰ পৰিৱেশত কাল্কী প্ৰতিপালিত হৈছিল। তেখেতে ইংৰাজী, তামিল আৰু ফৰাচী ভাষা শিকে আৰু কয়। পোন্ধৰ বছৰ বয়সত কাল্কীৰ পিতৃ আৰু মাতৃৰ মাজত বিবাহ বিচ্ছেদ হয়। পিতৃ বাংগালোৰলৈ যায় আৰু পুনৰ্বিবাহ কৰে। আনহাত কাল্কী মাতৃৰ লগতেই থাকে। পিতৃ-মাতৃৰ বিবাহ-বিচ্ছেদৰ পূৰ্ব, পাঁচৰ পৰা আঠবছৰলৈকে সময়ছোৱাক কাল্কীয়ে “সুখতম” বুলি স্মৰণ কৰে। কাল্কীৰ দুটি অৰ্ধ-ভ্ৰাতৃও আছে, যাক তেখেতে মাতৃ আৰু পিতৃৰ পূৰ্বৰ বিবাহসূত্ৰে লাভ কৰিছে। উটীৰ হেবৰন বৰ্ডিং স্কুলতেই কাল্কীয়ে শিক্ষাজীৱনৰ পাতনি মেলে। শিক্ষানুষ্ঠানখনত অধ্যয়ন কৰি থকা কালতেই কাল্কীয়ে লিখা আৰু অভিনয় শিকা আৰম্ভ কৰে। তেখেত সৰু অৱস্থাত লাজকুৰীয়া আৰু শান্ত প্ৰকৃতিৰ আছিল। কাল্কীয়ে মনস্তত্ত্ব অধ্যয়ন কৰাৰ হাবিয়াস পুহি ৰাখিছিল আৰু ভৱিষ্যতে এগৰাকী ক্ৰিমিনেল ছাইক'লজিষ্ট হোৱাৰ পৰিকল্পনা কৰিছিল। ১৮ বছৰ বয়সত কাল্কীতে শিক্ষা সমাপ্ত কৰে আৰু লণ্ডনলৈ যায়। লণ্ডন বিশ্ববিদ্যালয়ৰ গল্ডস্মিথত তেখেতে নাট্য আৰু থিয়েটাৰ অধ্যয়ন কৰে। অধ্যয়নৰ কালছোৱাতেই তেখেতে দুবছৰৰ বাবে নামৰ নাট্যগোষ্ঠীটোৰ লগত কাম কৰে। তেখেতে নামৰ নাটখন লিখে। আৰু ডেভিড হেয়াৰৰ 'ৰ দৰে নাটকত অভিনয় কৰে। সপ্তাহান্তিকত কাল্কীয়ে হোটেলৰ পৰিচাৰিকা হিচাপে কাম কৰিছিল। লণ্ডনত অধ্যয়ন সমাপ্ত কৰি কাল্কী ভাৰতলৈ উভতি আহে আৰু বাংগালোৰত থকা অৰ্ধ-ভ্ৰাতৃৰ (মাতৃৰ ফালৰ) লগত থাকিবলৈ লয়। বাংগালোৰত কৰ্মসংস্থাপনৰ সন্ধান নোপোৱাত কাল্কী মুম্বাইলৈ যায় আৰু তাতেই থিয়েটাৰ পৰিচালকৰ লগত কাম কৰে। অতুল কুমাৰ আৰু অজয় কৃষ্ণন তেনে দুগৰাকীমান পৰিচালক। তেওঁলোক হৈছে মুম্বাইস্থিত থিয়েটাৰগোষ্ঠী "ৰ প্ৰতিষ্ঠাপক। তেওঁলোকে সেইসময়ত লিভাৰপুলত আয়োজিত হ'বলগীয়া 'ৰ বাবে অভিনয়-শিল্পীৰ সন্ধানত আছিল। তথ্যসূত্ৰ ফ্ৰান্সৰ ব্যক্তি ভাৰতীয় অভিনেত্ৰী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- বিশেষ জুৰী বঁটা (পূৰ্ণদৈৰ্ঘ্য ছবি) বিজয়ী ফিল্মফেয়াৰ বঁটা বিজয়ী হিন্দী চলচ্চিত্ৰৰ
79887
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BF%E0%A6%9B%20%E0%A7%B1%E0%A7%B0%E0%A7%8D%E0%A6%B2%E0%A7%8D%E0%A6%A1
মিছ ৱৰ্ল্ড
মিছ ৱৰ্ল্ড বা বিশ্ব সুন্দৰী হৈছে এক আন্তৰ্জাতিক সৌন্দৰ্য প্ৰতিযোগিতা। এই আটাইতকৈ পুৰণি আন্তৰ্জাতিক সৌন্দৰ্য প্ৰতিযোগিতাখন ১৯৫১ চনত এৰিক মৰ্লিয়ে যুক্তৰাজ্যত সৃষ্টি কৰিছিল। ২০০০ চনত তেওঁৰ মৃত্যুৰ পিছৰে পৰা মৰ্লিৰ বিধৱা পত্নী জুলিয়া মৰ্লিয়ে এই প্ৰতিযোগিতাৰ সহ-সভাপতিত্ব কৰে। মিছ ইউনিভাৰ্ছ, মিছ ইণ্টাৰনেচনেল আৰু মিছ আৰ্থৰ সৈতে এই প্ৰতিযোগিতাখন বিগ ফোৰ আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাসমূহৰ ভিতৰত অন্যতম। বৰ্তমানৰ মিছ ৱৰ্ল্ড হৈছে পোলেণ্ডৰ কাৰোলিনা বিলোস্কা যাক ১৬ মাৰ্চ, ২০২২ তাৰিখে পৰ্টো ৰিকোৰ চান ৱানত জামাইকাৰ টনি-এন সিঙে মুকুট পিন্ধাইছিল। মিছ ৱৰ্ল্ডত জয়ি হোৱা তেওঁ পোলেণ্ডৰ দ্বিতীয় প্ৰতিযোগী। বিশ্ব সুন্দৰীৰ খিতাপ বিজয়ীসকল •২০২১: কাৰ'লিণা ৱেলাৱ্স্কা(প'লেণ্ড) •২০১৯: ট'নি এন্ সিং জামাইকা •২০১৮: ভেনেসা পন্সে দে লিয়ন মেক্সিকো) •২০১৭: মানুসী সিল্লাৰ ভাৰত •২০১৬: ষ্টেফেনি দেল ভাল পুৱেৰ্ট ৰিক') •২০১৫:মিৰেইয়া লালাগুনা স্পেইন) •২০১৪: ৰ'লিন ষ্ট্ৰাউচ (দক্ষিণ আফ্ৰিকা) •২০১৩: মেগান য়ং ফিলিপাইনস) •২০১২: য়ু ৱেংশিয়া চীন) •২০১১: ইভিয়ান চাৰকচ ভেনিজুয়েলা) •২০১০: আলেকজেণ্ড্ৰিয়া মিলস্ আমেৰিকা যুক্তৰাষ্ট্ৰ) •২০০০: প্ৰিয়ংকা চোপ্ৰা ভাৰত) •১৯৯৯: যুক্তা মুখী ভাৰত) •১৯৯৭: ডাইনা হেইডেন ভাৰত) •১৯৯৪: ঐশ্বৰ্যা ৰায় ভাৰত) ইতিহাস বিংশ শতিকা ১৯৫১ চনত, এৰিক মৰ্লিয়ে ফেষ্টিভেল অফ ব্ৰিটেইন উদযাপনৰ অংশ হিচাপে এক বিকিনি (সাঁতোৰৰ পোছাক) প্ৰতিযোগিতাৰ আয়োজন কৰিছিল যাক তেওঁ ফেষ্টিভেল বিকিনি প্ৰতিযোগিতা বুলি অভিহিত কৰিছিল। অনুষ্ঠানটো সংবাদ মাধ্যমৰ মাজত জনপ্ৰিয় হৈছিল, আৰু সংবাদ মাধ্যমৰ দ্বাৰা ইয়াক "মিছ ৱৰ্ল্ড" বুলি অভিহিত কৰা হৈছিল। চুইমচুট প্ৰতিযোগিতাখন সাঁতোৰৰ পোছাক প্ৰচাৰ কৰিবলৈ কৰা হৈছিল। যি প্ৰচাৰ পিছলৈ বজাৰত প্ৰৱৰ্তন কৰা হৈছিল, আৰু যাক এতিয়াও ব্যাপকভাৱে অশালীন বুলি গণ্য কৰা হয়। যেতিয়া ১৯৫১ চনৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ বিজয়ী, চুইডেনৰ কেৰ্ষ্টিন "কিকি" হাকানচনক সাঁতোৰৰ পোছাক পিন্ধা অৱস্থাত মুকুট পিন্ধোৱা হৈছিল, তেতিয়া এই বিতৰ্কটোৰ প্ৰথমে সৃষ্টি হৈছিল। প্ৰতিযোগিতাখন যদিও মূলতঃ ব্ৰিটেইন উৎসৱৰ বাবে এক প্ৰতিযোগিতা হিচাপে পৰিকল্পনা কৰা হৈছিল, কিন্তু এৰিক মৰ্লিয়ে মিছ ৱৰ্ল্ড প্ৰতিযোগিতাক বাৰ্ষিক অনুষ্ঠান হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লৈছিল। মৰ্লিয়ে "মিছ ৱৰ্ল্ড" নামটো ট্ৰেডমাৰ্ক হিচাপে পঞ্জীয়ন কৰিছিল, আৰু পিছলৈ সকলো প্ৰতিযোগিতা সেই নামেৰে অনুষ্ঠিত হৈছিল। অৱশ্যে, সাঁতোৰৰ পোছাক পিন্ধি মুকুট পিন্ধাৰ ফলত উদ্ভৱ হোৱা বিতৰ্কৰ বাবে, ধৰ্মীয় পৰম্পৰা থকা দেশবোৰে ভৱিষ্যতৰ অনুষ্ঠানলৈ প্ৰতিনিধি প্ৰেৰণ নকৰাৰ ভাবুকি আহিছিল, আৰু পোপে সাঁতোৰৰ পোছাকৰ গৰিহণা দিছিল। সাঁতোৰৰ পোছাকৰ প্ৰতি আপত্তিৰ ফলত ভৱিষ্যতৰ সকলো প্ৰতিযোগিতাত ইয়াৰ সলনি অধিক বিনয়ী পোছাক পৰিধানৰ ওপৰত গুৰুত্ত দিয়া হৈছিল, আৰু ১৯৭৬ চনৰ পৰা সাঁতোৰৰ পোছাকৰ সলনি মুকুট পিন্ধাৰ বাবে ইভিনিং গাউন ৰখা হৈছিল। হাকানচনেই সাঁতোৰৰ পোছাক পিন্ধি মুকুট পিন্ধা একমাত্ৰ মিছ ৱৰ্ল্ড হৈ ল। মিছ ৱৰ্ল্ড ২০১৩ত সকলো অংশগ্ৰহণকাৰীয়ে স্থানীয় সংস্কৃতিৰ প্ৰতি আপোচ হিচাপে আকৌ সাঁতোৰৰ পোছাক পিন্ধি দৰ্শকৰ আগত ওলাইছিল কিন্তু লগতে কঁকালত এটা পৰম্পৰাগত চাৰোং মেৰিয়াই লৈছিল। একবিংশ শতিকা প্ৰথম কৃষ্ণাঙ্গ আফ্ৰিকাৰ মিছ ৱৰ্ল্ড বিজয়ী নাইজেৰিয়াৰ আগবানি ডাৰেগোক ২০০১ চনত মুকুট পিন্ধোৱা হৈছিল। ব্যৱসায়িক লাভালাভৰ বাবে সেই সংস্কৰণৰ সময়ত "ভোট ফৰ মি" টেলিভিছন অনুষ্ঠান এটা বনোৱা হৈছিল, য'ত প্ৰতিনিধিসকলক সাগৰৰ পাৰত দেখুওৱা হৈছিল, আৰু দৰ্শকসকলক তেওঁলোকৰ প্ৰিয় অংশগ্ৰহণকাৰীসকলৰ বাবে ফোন কৰিবলৈ বা অনলাইন ভোট দিবলৈ অনুমতি দিছিল। এই অনুষ্ঠানটো বীচ বিউটি আৰু ক্ৰীড়া অনুষ্ঠানবোৰৰ সম্প্ৰচাৰক সকলক টেলিভিছনৰ বিশেষ অনুষ্ঠান হিচাপে বিক্ৰী কৰা হৈছিল। আই টিভিয়ে দক্ষিণ আফ্ৰিকাৰ পৰা ডিজিটেল চেনেল আইটিভি ২ত ২০০১ চনৰ প্ৰতিযোগিতাখন সম্প্ৰচাৰ কৰে, যাৰ বিশেষ সম্প্ৰচাৰ এসপ্তাহ আগতে মুখ্য আইটিভি চেনেলত হৈছিল। ২০০২ চনত এই প্ৰতিযোগিতাখন নাইজেৰিয়াৰ ৰাজধানী চহৰ আবুজাত ফাইনে (সমাপ্তি খণ্ড) আয়োজনৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল। এই সিদ্ধান্তই বিতৰ্কৰ সৃষ্টি কৰিছিল, কিয়নো সেই সময়ত উত্তৰ নাইজেৰিয়াত শ্বৰিয়া আইন চলিছিল আৰু এগৰাকী মহিলা আমিনা লাৱালে তাত শ্বৰিয়া আইনৰ অধীনত ব্যভিচাৰৰ বাবে শিলগুটি মাৰ খাই মৃতপ্ৰাই অৱস্থাত আছিল। কিন্তু মিছ ৱৰ্ল্ডে প্ৰতিযোগিতাখন চাৰিওফালে প্ৰচাৰ কৰি লাৱালৰ দুৰ্দশাৰ প্ৰতি অধিক বিশ্বব্যাপী সজাগতা আৰু পদক্ষেপ আনিবলৈ সিদ্ধান্ত লৈছিল। মিছ ৱৰ্ল্ড ২০১৪ অনুষ্ঠানত, মিছ ৱৰ্ল্ডৰ সফল মুকুট পিন্ধা মিছ ৱৰ্ল্ড ঐশ্বৰ্য ৰায় তেওঁৰ স্বামী অভিষেক বচ্চন, কন্যা আৰাধ্যা আৰু মাতৃ বৃন্দা ৰায়ৰ সৈতে উদযাপনত অংশগ্ৰহণ কৰিছিল। ইয়াক ২০১৪ চনৰ পিছৰ পৰা স্থানীয় টিভি চেনেল লণ্ডন লাইভত এই অনুষ্ঠান সম্প্ৰচাৰ কৰা হৈ আহিছে। তথ্য 
81727
https://as.wikipedia.org/wiki/%E0%A6%8F%E0%A6%AE%20%E0%A6%8F%E0%A6%9B%20%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%AE%E0%A7%80%E0%A6%A8%E0%A6%BE%E0%A6%A5%E0%A6%A8
এম এছ স্বামীনাথন
মানকোম্বু চাম্বাশিৱন স্বামীনাথন ইংৰাজী ৭ আগষ্ট ১৯২৫ ২৮ ছেপ্টেম্বৰ ২০২৩) এগৰাকী ভাৰতীয় কৃষি বিজ্ঞানী, উদ্ভিদ জিন বিজ্ঞানী, প্ৰশাসক আৰু মানৱতাবাদী আছিল। স্বামীনাথন সেউজ বিপ্লৱৰ এগৰাকী বিশ্ব নেতা। উচ্চ উৎপাদনক্ষম ঘেঁহু আৰু ধানৰ প্ৰজাতিৰ প্ৰচলন আৰু অধিক বিকাশৰ ক্ষেত্ৰত তেওঁৰ নেতৃত্ব আৰু ভূমিকাৰ বাবে তেওঁক ভাৰতৰ সেউজ বিপ্লৱৰ মূল স্থপতি বুলি অভিহিত কৰা হয়। স্বামীনাথনে নৰ্মান বৰলাগৰ সৈতে কৰা সহযোগিতামূলক বৈজ্ঞানিক প্ৰচেষ্টাই কৃষক আৰু অন্যান্য বিজ্ঞানীসকলৰ জৰিয়তে এক গণ আন্দোলনৰ সূচনা কৰিছিল আৰু ই ৰাজহুৱা নীতিৰ দ্বাৰা সমৰ্থিত হৈছিল। এই গণ আন্দোলনেই ১৯৬০ৰ দশকত ভাৰত আৰু পাকিস্তানক নিশ্চিত দুৰ্ভিক্ষসদৃশ পৰিস্থিতিৰ পৰা ৰক্ষা কৰিছিল। ফিলিপাইনছৰ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ (আই আৰ আৰ আই) সঞ্চালক প্ৰধান হিচাপে আগবঢ়োৱা তেওঁৰ নেতৃত্বই ১৯৮৭ চনত তেওঁক প্ৰথম বিশ্ব খাদ্য বঁটা লাভ কৰাত সহায় কৰিছিল, যিটো নোবেল বা কৃষিৰ ক্ষেত্ৰত সৰ্বোচ্চ সন্মান হিচাপে গণ্য কৰা হয়। ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীয়ে তেওঁক ‘অৰ্থনৈতিক পৰিৱেশ বিজ্ঞানৰ পিতৃ’ বুলি অভিহিত কৰিছে। স্বামীনাথনে আলু, ঘেঁহু আৰু ধানৰ সৈতে জড়িত চাইট'জেনেটিক্স, আয়নীয় বিকিৰণ আৰু ৰেডিঅ'সংবেদনশীলতাৰ দৰে ক্ষেত্ৰত মৌলিক গৱেষণাৰে অৰিহণা যোগাইছিল। তেওঁ পুগৱাছ সন্মিলন আৰু আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ১৯৯৯ চনত তেওঁ গান্ধী আৰু ঠাকুৰৰ সৈতে টাইম আলোচনীৰ 'কুৰি শতিকাৰ ২০ গৰাকী আটাইতকৈ প্ৰভাৱশীল এছিয়ান লোক'ৰ তালিকাত স্থান লাভ কৰা তিনিগৰাকী ভাৰতীয়ৰ মাজৰ এজন আছিল, য'ত ইজি টয়োদা, দালাই লামা আৰু মাও জেদঙৰ দৰে ব্যক্তিও আছিল। স্বামীনাথনে শান্তি স্বৰূপ ভাটনাগৰ বঁটা, ৰমন মেগছেছে বঁটা আৰু আলবাৰ্ট আইনষ্টাইন বিশ্ব বিজ্ঞান বঁটাকে ধৰি বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। তেওঁ ২০০৪ চনত ৰাষ্ট্ৰীয় কৃষক আয়োগৰ অধ্যক্ষতা কৰিছিল যিয়ে ভাৰতৰ কৃষি ব্যৱস্থা উন্নত কৰাৰ বাবে সুদূৰপ্ৰসাৰী উপায়ৰ পৰামৰ্শ দিছিল। তেওঁ এম এছ স্বামীনাথন ৰিচাৰ্ছ্ ফাউণ্ডেশ্বনৰ প্ৰতিষ্ঠাপক। পৰিৱেশ বিনষ্ট নকৰাকৈ চিৰস্থায়ী উৎপাদনৰ বাবে থকা তেওঁৰ স্বপ্নক বৰ্ণনা কৰিবলৈ ১৯৯০ চনত তেওঁ 'চিৰসেউজ বিপ্লৱ' শব্দটো ব্যৱহাৰ কৰিছিল ২০০৭ চনৰ পৰা ২০১৩ চনৰ ভিতৰত তেওঁক এটা কাৰ্যকালৰ বাবে ভাৰতৰ সংসদলৈ মনোনীত কৰা হৈছিল। তেওঁৰ কাৰ্যকালত তেওঁ ভাৰতত মহিলা কৃষকৰ স্বীকৃতিৰ বাবে এখন বিধেয়ক দাখিল কৰিছিল, অৱশ্যে ই বৈধতা পোৱা নাছিল। জীৱন আৰু কেৰিয়াৰ প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা স্বামীনাথনৰ জন্ম হৈছিল ১৯২৫ চনৰ ৭ আগষ্টত মাদ্ৰাজ প্ৰেচিডেন্সিৰ কুম্বকোনমত। তেওঁ আছিল মুখ্য শল্যচিকিৎসক ডাঃ এম কে চাম্বাশিৱন আৰু পাৰ্বতী থাংগাম্মাল চাম্বাশিৱনৰ দ্বিতীয় পুত্ৰ। ১১ বছৰ বয়সত পিতৃৰ মৃত্যুৰ পিছত ডেকা স্বামীনাথনক খুৰাকে চোৱা-চিতা কৰিছিল। স্বামীনাথনে স্থানীয় হাইস্কুলত আৰু পিছলৈ কুম্বাকোনমৰ কেথলিক লিটল ফ্লাৱাৰ হাইস্কুলত শিক্ষা গ্ৰহণ কৰে, য'ৰ পৰা তেওঁ ১৫ বছৰ বয়সত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। সৰুৰে পৰাই তেওঁৰ কৃষি আৰু কৃষকৰ সৈতে যোগাযোগ আছিল। তেওঁৰ বিস্তৃত পৰিয়ালটোৱে ধান, আম আৰু তামোলৰ খেতি কৰিছিল। পিছলৈ কফিৰ দৰে আন শস্যৰো খেতি কৰিছিল। শস্যৰ মূল্যৰ উঠা-নমাই তেওঁৰ পৰিয়ালৰ ওপৰত পেলোৱা প্ৰভাৱ তেওঁ দেখা পাইছিল। তদুপৰি বতৰ আৰু কীট-পতংগই শস্যৰ লগতে আয়ৰ ওপৰত সৃষ্টি কৰা বিপৰ্য্যয়ো তেওঁ দেখা পাইছিল। মাক দেউতাকে বিচাৰিছিল যে তেওঁ চিকিৎসাবিজ্ঞান পঢ়ক। সেই কথা মনত ৰাখিয়েই তেওঁ প্ৰাণীবিজ্ঞানৰ জৰিয়তে উচ্চ শিক্ষা আৰম্ভ কৰিছিল। কিন্তু যেতিয়া তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪৩ চনৰ বংগদেশীয় দুৰ্ভিক্ষৰ প্ৰভাৱ আৰু সমগ্ৰ উপমহাদেশখনত হোৱা ধানৰ নাটনিৰ সাক্ষী হৈছিল, তেতিয়া তেওঁ ভাৰতৰ পৰ্যাপ্ত খাদ্য নিশ্চিত কৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰাৰ সিদ্ধান্ত লয়। পাৰিবাৰিক পটভূমিৰ সত্ত্বেও, আৰু চিকিৎসা আৰু অভিযান্ত্ৰিকতাক বহুত বেছি সন্মানীয় বুলি গণ্য কৰা যুগৰ অন্তৰ্গত হোৱাৰ পিছতো তেওঁ কৃষিক্ষেত্ৰ বাছি লৈছিল। তাৰ পিছত তেওঁ কেৰেলাৰ ত্ৰিবান্দ্ৰমৰ মহাৰাজ কলেজত (বৰ্তমান কেৰেলা বিশ্ববিদ্যালয়ৰ অধীনস্থ ইউনিভাৰ্ছিটী কলেজ, তিৰুৱনন্তপুৰম নামেৰে জনাজাত) প্ৰাণীবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত ১৯৪০ চনৰ পৰা ১৯৪৪ চনলৈ মাদ্ৰাজ বিশ্ববিদ্যালয়ত (মাদ্ৰাজ কৃষি মহাবিদ্যালয়, বৰ্তমান তামিলনাডু কৃষি বিশ্ববিদ্যালয়) অধ্যয়ন কৰি কৃষি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। এই সময়ছোৱাত তেওঁক কৃষি বিজ্ঞানৰ অধ্যাপক কোটাহ ৰামাস্বামীয়েও শিক্ষাদান কৰিছিল। ১৯৪৭ চনত তেওঁ বংশগতি তত্ত্ব আৰু উদ্ভিদ প্ৰজননৰ বিষয়ে অধ্যয়ন কৰিবলৈ নতুন দিল্লীস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান লৈ যায়। ১৯৪৯ চনত তেওঁ চাইট'জেনেটিক্সত উচ্চ সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ আলুৰ ওপৰত বিশেষ গুৰুত্ব দি ছ'লানাম গণৰ ওপৰত গৱেষণা কৰিছিল। সামাজিক হেঁচাত পৰি তেওঁ অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল যাৰ জৰিয়তে তেওঁ ভাৰতীয় আৰক্ষী সেৱালৈ নিৰ্বাচিত হৈছিল। কিন্তু একে সময়তে নেদাৰলেণ্ডত ইউনেস্কোই বংশগতি তত্ত্বত আগবঢ়োৱা বৃত্তিৰ ৰূপত তেওঁৰ বাবে কৃষিক্ষেত্ৰত এক সুযোগৰ সৃষ্টি হ’ল। তেওঁ বংশগতি তত্ত্ব অধ্যয়নকে বাছি লৈছিল। নেদাৰলেণ্ড আৰু ইউৰোপ নেদাৰলেণ্ডৰ ইনষ্টিটিউট অৱ জেনেটিক্সৰ ৱেগেনিংগেন কৃষি বিশ্ববিদ্যালয়ত তেওঁ আঠ মাহ ধৰি ইউনেস্কোৰ ফেলো আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আলুৰ চাহিদাৰ ফলত যুগ যুগ ধৰি চলি অহা আৱৰ্তনভিত্তিক শস্য উৎপাদনত ব্যাঘাত জন্মিছিল। ইয়াৰ ফলত কিছুমান বিশেষ অঞ্চল, যেনে পুনৰুদ্ধাৰ কৰা কৃষিভূমিত গ'ল্ডেন নেমাটোডৰ প্ৰাদুৰ্ভাৱ সৃষ্টি হৈছিল। স্বামীনাথনে এনে পৰজীৱীৰ বিৰুদ্ধে, লগতে ঠাণ্ডা বতৰৰ লগতো অভিযোজন কৰিব পৰা জিনৰ ওপৰত কাম কৰিছিল। এই ক্ষেত্ৰত তেওঁৰ গৱেষণা সফল হৈছিল। আদৰ্শগতভাৱে বিশ্ববিদ্যালয়খনে খাদ্য উৎপাদনৰ ক্ষেত্ৰত ভাৰতত তেওঁৰ পৰৱৰ্তী বৈজ্ঞানিক সাধনাক প্ৰভাৱিত কৰিছিল। এই সময়ছোৱাত তেওঁ যুদ্ধবিধ্বস্ত জাৰ্মানীৰ মেক্স প্লেংক ইনষ্টিটিউট ফৰ প্লাণ্ট ব্ৰীডিং ৰিচাৰ্চো ভ্ৰমণ কৰে; এইটোৱে পিছলৈ তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিলে কাৰণ এটা দশকৰ পিছত তেওঁৰ পৰৱৰ্তী ভ্ৰমণৰ সময়ত তেওঁ দেখিছিল যে জাৰ্মানসকলে আন্তঃগাঁথনি আৰু শক্তিক্ষেত্ৰ দুয়োটা দিশতে জাৰ্মানীক ৰূপান্তৰিত কৰিছে। সংযুক্ত যুক্তৰাজ্য ১৯৫০ চনত তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ স্কুল অব এগ্ৰিকালচাৰৰ প্লেণ্ট ব্ৰিডিং ইনষ্টিটিউটত অধ্যয়ন কৰিবলৈ যায়। ১৯৫২ চনত তেওঁ শীৰ্ষক বিষয়ত গৱেষণা কৰি ডক্টৰ অৱ ফিল'চফি (পি এইচ ডি) ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী বৰদিনত তেওঁ এসপ্তাহৰ বাবে ভাৰতীয় অসামৰিক সেৱাৰ প্ৰাক্তন বিষয়া এফ. এল. ব্ৰেইনৰ সৈতে কটাইছিল, যাৰ ভাৰতৰ গ্ৰাম্য অঞ্চল সম্পৰ্কে হোৱা অভিজ্ঞতাই স্বামীনাথনক তেওঁৰ পাছৰ বছৰবোৰত প্ৰভাৱ পেলাইছিল। ব্যক্তিগত জীৱন এম.এছ. স্বামীনাথনৰ মীনা স্বামীনাথনৰ সৈতে বিয়া হৈছিল। ১৯৫১ চনত দুয়োজনেই কেম্ব্ৰিজত পঢ়ি থকাৰ সময়ত তেওঁ মিনাক লগ পাইছিল। তেওঁলোকে তামিলনাডুৰ চেন্নাইত বাস কৰে। তেওঁলোকৰ তিনিগৰাকী কন্যা হৈছে সৌম্যা স্বামীনাথন (এগৰাকী শিশু চিকিৎসক), মাধুৰা স্বামীনাথন (এগৰাকী অৰ্থনীতিবিদ), আৰু নিত্যা স্বামীনাথন (লিংগ আৰু গ্ৰাম্য উন্নয়ন)। গান্ধী আৰু ৰমণ মহৰ্ষিয়ে তেওঁৰ জীৱনত প্ৰভাৱ পেলাইছিল। তেওঁলোকৰ পৰিয়ালৰ ২০০০ একৰ মাটিৰ ভিতৰত এক তৃতীয়াংশ মাটি তেওঁলোকে বিনোবা ভাৱেৰ কামত দান কৰিছিল। ২০১১ চনত দিয়া এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে সৰুতে তেওঁ স্বামী বিবেকানন্দক অনুসৰণ কৰিছিল। ২০২৩ চনৰ ২৮ ছেপ্টেম্বৰত চেন্নাইৰ নিজা বাসভৱনত এম এছ স্বামীনাথনৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ। তথ্যসূত্ৰ ভাৰতীয় বিজ্ঞানী ভাৰতৰ ব্যক্তি ৰমন মেগছেছে বঁটা বিজয়ী শান্তি স্বৰূপ ভাটনাগৰ বঁটা
4372
https://as.wikipedia.org/wiki/%E0%A6%97%E0%A7%8B%E0%A6%AA%E0%A7%80%E0%A6%A8%E0%A6%BE%E0%A6%A5%20%E0%A6%AC%E0%A7%B0%E0%A6%A6%E0%A6%B2%E0%A7%88
গোপীনাথ বৰদলৈ
গোপীনাথ বৰদলৈ (৬ জুন ১৮৯০–৫ আগষ্ট ১৯৫০) আছিল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী। ৰাজনীতিৰ ক্ষেত্ৰত তেখেত মহাত্মা গান্ধীৰ অহিংসা নীতিৰ সমৰ্থক আছিল। অসম আৰু অসমীয়াৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰা পাছত ধৰ্মৰ ভিত্তিত ভাৰত বিভাজনৰ সময়ত মুছলিম লিগে সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে আলোচনা কৰি অসমখন সেই সময়ৰ পূব পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশৰ অংশ কৰিব বিচাৰিছিল যদিও বৰদলৈৰ প্ৰবল বিৰোধিতাৰ বাবে অসম বাংলাদেশৰ অংশ হোৱাৰ পৰা ৰক্ষা পৰে। জন্ম আৰু শৈশৱ ১৮৯০ চনৰ ৬ জুনত (১৮১২ শকৰ ২৬ জেঠ ৰবিবাৰে) নগাঁও জিলাৰ ৰহাত গোপীনাথ বৰদলৈৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল বুদ্ধেশ্বৰ বৰদলৈ আৰু মাতৃ প্ৰাণেশ্বৰী বৰদলৈ। তেওঁৰ পিতৃ বুদ্ধেশ্বৰ বৰদলৈয়ে ৰহাত চাকৰি কৰিছিল। বৰদলৈৰ সাত বছৰ বয়সলৈকে তেওঁলোক ৰহাতে বাস কৰিছিল আৰু ৰহাতেই প্ৰথম বিদ্যাৰম্ভ হয়। তাৰ পিছত তেওঁৰ পিতৃৰ চাকৰি সূত্ৰে মঙ্গলদৈলৈ বদলি হয়। মঙ্গলদৈ লৈ যাওঁতে তেওঁলোক নাৱেৰে গৈছিল আৰু নাৱেৰে যোৱা দীঘলীয়া সময়ছোৱাৰ ভিতৰত বৰদলৈয়ে মহাভাৰতখনকে পঢ়ি শেষ কৰি পেলাইছিল। মঙ্গলদৈত দুবছৰ থকাৰ পিছত তেওঁলোক বৰপেটালৈ বদলি সূত্ৰে গৈছিল আৰু এবছৰৰ ভিতৰতে বৰদলৈৰ ১২ বছৰ বয়সতে মাতৃ-বিয়োগ হয়। মাত্ৰ ১২ বছৰ বয়সতে তেওঁ মাতৃ স্নেহৰ পৰা বঞ্চিত হয় আৰু তেওঁৰ হৃদয় ভাগি পৰে। তেওঁ লালিত পালিত হ'বলগা হয় বিধবা বায়েক শশীকলা দেৱীৰ হাতত। মাতৃৰ বিয়োগৰ পিছত তেওঁক গুৱাহাটীলৈ পঠিওৱা হয় আৰু কটন কলেজিয়েট উচ্চ ইংৰাজী বিদ্যালয়ত নাম ভৰ্তি কৰোৱা হয়। বিদ্যালয়ৰ কালছোৱাত তেওঁ অসুখৰ কাৰণে প্ৰায়ভাগ সময়ে বিদ্যালয়ত নিয়মীয়া হ'ব পৰা নাছিল। সেই সময়ত তেওঁৰ প্ৰায়ে জ্বৰ আৰু গ্ৰহণী হৈছিল। এনে বেয়া স্বাস্থ্যৰ পাছতো তেওঁ পঢ়াৰ ক্ষেত্ৰত ভাল স্থান লাভ কৰিছিল। ছাত্ৰ জীৱন আৰু শিক্ষা তাহানিৰ দিনত ছাত্ৰ-ছাত্ৰী সকলক ডবল প্ৰমোচন দিয়াৰ ব্যৱস্থা আছিল। সেইবাবে অনেক মেধা ছাত্ৰক সপ্তম মানৰ পৰা নৱম মান শ্ৰেণীলৈ পদোন্নতি দিয়া হৈছিল। স্কুলীয়া জীৱনত বৰদলৈয়ে ডবল প্ৰমোচন পোৱাৰ কাৰণে সৰু কালত তেওঁ হাইস্কুলৰ ওপৰ খাপত নাম ভৰ্তি কৰাৰ সুবিধা লাভ কৰিছিল। এনেদৰে প্ৰমোচন লাভ কৰি বৰদলৈয়ে ১৬ বছৰ পূৰ নৌহওঁতেই এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। কিন্তু কলিকতা বিশ্ববিদ্যালয়ৰ নিয়ম মতে, ১৬ বছৰ পূৰ হ'লেহে এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগে। ১৯০৭ চনত কটন কলেজিয়েটৰ পৰা মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হয় আৰু এই পৰীক্ষাত সুখ্যাতিৰে পাছ কৰাৰ উপৰিও তেওঁ চিত্ৰাংকন বিষয়ত বিশেষ নম্বৰ লাভ কৰিবলৈ সমৰ্থ হয়। তাৰ পিছত তেওঁ কটন মহাবিদ্যালয়ত ভৰ্ত্তি হয়। তাৰ পৰা ১৯০৯ চনত আই.এ. পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হয়, এণ্ট্ৰেন্স পৰীক্ষাৰ দৰে তেওঁ এই পৰীক্ষাতো বৃত্তি লাভ কৰিবলৈ সক্ষম হয় আৰু কলিকতাৰ স্কটিছ চাৰ্চ কলেজত নামভৰ্ত্তি কৰে। সেই সময়ত উক্ত মহাবিদ্যালয়ৰত 'লেডী জেন ডাণ্ডাছ' নামেৰে এখনহে ছাত্ৰবাস আছিল আৰু ছাত্ৰাবাসত ভৰ্তি হোৱাটো সহজ নাছিল। কিন্তু সেইবাৰ অসমৰ পৰা পঢ়িবলৈ যোৱা ভালেমান ছাত্ৰই ছাত্ৰাবাসত থাকি পঢ়িবলৈ সুবিধা লাভ কৰিলে। তেওঁ স্নাতক পাঠ্যক্ৰমত অসমীয়া, বুৰঞ্জী, দৰ্শন-শাস্ত্ৰ আৰু ইংৰাজী বিষয় লৈ পঢ়িছিল। তাৰ পৰা ১৯১১ চনত বুৰঞ্জী বিষয়ত অনাৰ্ছ সহ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ কলিকতাতে বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ আৰু আইন পঢ়িবলৈ কলিকতাৰ ১৭/১ অ'ল্ড বৈঠকখানা লেনৰ মেছত তেওঁৰ বন্ধু চন্দ্ৰনাথ শৰ্মাৰ লগত একেলগে অধ্যয়নত ব্ৰতী হ'ল। তেওঁ ৰিপণ মহাবিদ্যালয়ত আইন আৰু কলিকতা বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পঢ়িছিল। ১৯১৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু তিনি বছৰ কাল আইন পঢ়ে যদিও মাজতে ৰিপণ আইন মহাবিদ্যালয় এৰি বৰদলৈয়ে বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ত ভৰ্তি হয়, এই আইন মহাবিদ্যালয়তে তেওঁ অধ্যক্ষ ৰূপে পাইছিল মি. বাগচীক, সেইদৰে কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে পাইছিল চাৰ আশুতোষ মুখোপাধ্যায়ক। শেষত আইন পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ গুৱাহাটীলৈ ঘূৰি আহে। কৰ্মজীৱন গোপীনাথ বৰদলৈ কলিকতাত থাকি মহাবিদ্যালয়ৰ চতুৰ্থ-বাৰ্ষিক শ্ৰেণীত পঢ়ি থাকোঁতেই পিতাকৰ মৃত্যু হয়। পিতৃৰ মৃত্যুত সংসাৰৰ মহাভাৰ তেওঁলৈ আহিল। তেখেতৰ পিতৃ পেছাত এজন চিকিৎসক আছিল যদিও সাঁচতীয়া ধন অধিক নাছিল, পৰিয়ালটো কোনোমতেহে চলিছিল। তদুপৰি ককায়েক ইন্দ্ৰেশ্বৰ বৰদলৈৰ মৃত্যুৱেও পৰিয়ালটোক চুই গৈছিল। ঘৰখনৰ বোজা পৰিছিল আইদেউয়েক শশীকলাৰ ওপৰত। সেয়ে বৰদলৈয়ে কলিকতাত অধ্যাপনাৰ চাকৰি বিচাৰিছিল যদিও পোৱা নাছিল। শেষত বৰদলৈয়ে পৰিয়ালৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য কৰি গুৱাহাটীত তৰুণ ৰাম ফুকনৰ অনুৰোধক্ৰমে তেখেতে সোণাৰাম হাইস্কুলৰ প্ৰধান শিক্ষকৰ অস্থায়ী পদত যোগ দিয়ে। সেই সময়ছোৱাতে তেখেতে পুনৰ আইনৰ পৰীক্ষাত বহে আৰু উত্তীৰ্ণ হৈ প্ৰধান শিক্ষকৰ চাকৰি এৰি দি, সত্যনাথ বৰা উকীলৰ অধীনত আৰ্টিকেল ক্লাৰ্ক ৰূপে ওকালতিত মনোযোগ দিলে। ১৯১৭ চনত গুৱাহাটীত ওকালতি আৰম্ভ কৰে। ৰাজনৈতিক জীৱন সেই সময়ত অসমৰ একমাত্ৰ ৰাজনৈতিক অনুষ্ঠান আছিল 'অসম এছ'চিয়েচন'। ১৯২২ চনতহে ভাৰতীয় জাতীয় কংগ্ৰেছৰ শাখা হিচাপে অসম কংগ্ৰেছৰ কাম-কাজ আৰম্ভ হয়। সেই বছৰতে গোপীনাথ বৰদলৈয়ে কংগ্ৰেছত স্বেচ্ছাসেৱী হিচাপে যোগ দিয়ে আৰু ৰাজনৈতিক জীৱনৰ পাতনি মেলে। ভাৰতৰ স্বাধীনতা আন্দোলনত তেখেতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ১৯২২ চনত অসহযোগ আন্দোলনৰ সময়ত তেখেতক গ্ৰেপ্তাৰ কৰি এবছৰ কাৰাবাস দিয়া হয়। চৌৰিচৌৰাৰ ঘটনাৰ পিছত অসহযোগ আন্দোলন বাতিল কৰা হয় আৰু বৰদলৈয়ে পুনৰ ওকালতি আৰম্ভ কৰে। ১৯৩০ৰ পৰা ১৯৩৩ চন পৰ্য্যন্ত তেখেতে ৰাজনৈতিক কাৰ্য্যকলাপৰ পৰা নিজকে আঁতৰাই ৰাখি সমাজসেৱাত মনোনিবেশ কৰে। তেখেত গুৱাহাটী পৌৰসভাৰ সদস্যও নিৰ্বাচিত হয়। তদুপৰি তেখেতে অসমৰ বাবে সুকীয়া বিশ্ববিদ্যালয় আৰু উচ্চ ন্যায়ালয়ৰ দাবী জোৰদাৰ কৰি তোলে। ১৯৩৫ চনত ব্ৰিটিছ ভাৰত গঠন কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰ আইন ৰচনা কৰা হয়। সেইবাবে অসম কংগ্ৰেছে ১৯৩৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্ব্বিতা কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে ৩৮খন আসনত জয়লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে যদিও মন্ত্ৰী আৰু মন্ত্ৰীসভাৰ শক্তি কৰ্তন কৰাৰ এক হঠকাৰী নিয়মৰ বিৰোধিতা কৰি তেওঁলোকে বিৰোধী দল হিচাপেই থকাৰ মন মেলে। গোপীনাথ বৰদলৈ এই বিৰোধী দলৰ দলপতি নিৰ্বাচিত হয়। কংগ্ৰেছৰ বাহিৰে আন আন দলৰ সমৰ্থনত চৈয়দ মহম্মদ ছাদুল্লাই মন্ত্ৰীসভা গঠন কৰে। কিন্তু ৰাইজৰ মৌলিক সমস্যাবোৰৰ সমাধানত চৰকাৰৰ আওকণীয়া মনোভাৱৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ শক্তি লাহে লাহে বাঢ়ি আহে। ১৯৩৮ চনত মহম্মদ ছাদুল্লা মন্ত্ৰীসভাই পদত্যাগ কৰে। তেতিয়া ৰাজ্যপালে গোপীনাথ বৰদলৈক মন্ত্ৰীসভাৰ গঠন কৰিবলৈ আহ্বান জনায আৰু সেই বছৰৰে ২১ ছেপ্তেম্বৰত তেখেতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মূল কাৰণসমূহ আছিল তেখেতৰ ৰাজনৈতিক বিচক্ষণতা, মনোমোহা ব্যক্তিত্ব, সত্যবাদীতা আৰু আচৰণ যাৰ বাবে তেখেতৰ সহকৰ্মীসকলৰ উপৰিও বিভিন্ন সম্প্ৰদায়ৰ লোক আকৃষ্ট হৈ পৰিছিল। তেখেতৰ কৰ্মপন্থা আৰু বিচক্ষণতাৰ ফলতে কংগ্ৰেছ এক শক্তিশালী ৰাজনৈতিক দল হৈ পৰে। মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ উল্লেখযোগ্য সফলতাসমূহ আছিল মাটিৰ খাজানা বন্ধ কৰা, কানি নিবাৰণী আইন গঠন, থলুৱা লোকৰ অধিকাৰ সুৰক্ষিত কৰি ৰাখিবলৈ পমুৱা মুছলমানক মাটিৰ পত্তা দিয়া বন্ধ কৰা আদি। ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ বাবে চৰকাৰ বেছিদিন বৰ্তি নাথাকিল। ১৯৪০ চনত মহাত্মা গান্ধীৰ আহ্বানত বৰদলৈ মন্ত্ৰীসভাই পদত্যাগ কৰে। ১৯৪০ চনত তেখেতক পুনৰ গ্ৰেপ্তাৰ কৰা হয় যদিও শাৰীৰিক অসুস্থতাৰ হেতু এবছৰ হোৱাৰ আগতেই জেলৰপৰা মুক্তি দিয়া হয়। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হয়। তেতিয়া কংগ্ৰেছ দলক বেআইনী ঘোষনা কৰা হয় আৰু সকলো নেতাক গ্ৰেপ্তাৰ কৰা হয়। একে সময়তে ব্ৰিটিছক দ্বিতীয় বিশ্বযুদ্ধ সহায় কৰাৰ প্ৰতিশ্ৰুতি দি মহম্মদ ছাদুল্লাই পুনৰবাৰ চৰকাৰ গঠন কৰে আৰু সোনকালেই সাম্প্ৰদায়িক কাৰ্য্য-কলাপত লিপ্ত হৈ পৰে। ১৯৪৪ চনত জেলৰ পৰা ওলায়েই গোপীনাথ বৰদলৈয়ে আন আন নেতাৰ সহায়ত চৰকাৰৰ এনে কামৰ বিৰোধিতা কৰিবলৈ ধৰে। উপায়হীন হৈ মহম্মদ ছাদুল্লাই বৰদলৈক আলোচনাৰ বাবে মাতি পঠিয়ায় আৰু তেওঁলোকৰ মাজত এখন চুক্তি হয়। এই চুক্তিৰ আধাৰত আধাৰত চৰকাৰে সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া, সভা-সমিতি বা শোভযাত্ৰাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা, পমুৱা মুছলমানৰ পুনৰ্সংস্থাপন প্ৰক্ৰিয়া শুদ্ধ কৰা আদিৰ প্ৰস্তাৱ দিয়ে। ১৯৪৫ চনৰ জুলাই মাহত ব্ৰিটিছে আঞ্চলিক আৰু কেন্দ্ৰীয় নিৰ্বাচনৰ পিছত ভাৰতৰ বাবে এক নতুন সংবিধান ৰচনা কৰাৰ কথা ঘোষণা কৰে। অসম কংগ্ৰেছেও ১৯৪৬ চনৰ নিৰ্বাচনত অংশ লৈ ১০৮টা আসনৰ ভিতৰত ৬১ টাত জয়লাভ কৰি সংখ্যাগৰিষ্ঠতা পায়। তেওঁলোকে চৰকাৰ গঠন কৰে আৰু গোপীনাথ বৰদলৈ সৰ্বসন্মতভাৱে মুখ্যমন্ত্ৰী নিৰ্বাচিত হয়। কেবিনেট কমিছন আৰু বৰদলৈৰ ভূমিকা ১৯৪৬ চনত ভাৰতৰ স্বাধীনতাৰ দাবী আলোচনা কৰিবলৈ ব্ৰিটিছ চৰকাৰে এখন কেবিনেট কমিছন গঠন কৰে। ইয়াৰ সদস্যসকলে ছিমলা আৰু দিল্লীত কংগ্ৰেছ আৰু মুছলিম লীগৰ লগত সুকীয়া সুকীয়া আলোচনাত বহে। তেওঁলোকৰ আঁচনি অনুসৰি ৰাজ্যবোৰক তিনিটা গোটত ভগোৱা হ'ব আৰু সেইমতে তৃতীয় গোটত থাকিবলগীয়া অসম আৰু বংগৰ সংবিধান ৰচনা কৰিবলৈ প্ৰতিনিধি নিৰ্বাচন কৰা হ'ব। গোপীনাথ বৰদলৈয়ে ইয়াৰ সৰ্বনশীয়া পৰিণতি অনুমান কৰিব পাৰিলে কাৰণ গ্ৰুপত সোমোৱা মাত্ৰকে অসমীয়া মানুহ বংগৰ তুলনাত সংখ্যালঘু হৈ পৰিবাৰু তেওঁলোকৰ অধিকাৰ খৰ্ব হ'ব। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গ্ৰুপিং আঁচনিৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। গোপীনাথ বৰদলৈয়ে ভাৰতীয় কংগ্ৰেছৰ কাৰ্য্যকৰী কমিটি, কেবিনেট কমিটি আৰু ভাইচৰয়ক জনালে যে অসমৰ প্ৰতিনিধিয়ে তেওঁলোকৰ সংবিধান নিজেই ৰচনা কৰিব আৰু গ্ৰুপত সোমোৱা-নোসোমোৱাৰ সিদ্ধান্ত নিজৰ মাজতে ল'ব। ইয়াৰ পিছত কেবিনেট কমিটিয়ে ঘোষণা কৰিলে যে গ্ৰুপত সোমোৱাটো প্ৰতিখন ৰাজ্যৰ বাবে বাধ্যতামূলক আৰু পিছত তেওঁলোকে ইচ্ছা কৰিলে তাৰ পৰা ওলাই আহিব পাৰিব। এই ঘোষণাই পৰিস্থিতি আৰু জটিল কৰি তুলিলে। তাৰ পিছত বৰদলৈয়ে জাতীয় কংগ্ৰেছৰ নেতাসকলক লগ ধৰি বুজালে যদিও কোনো ফল নধৰিল। তেখেতে অসম কংগ্ৰেছৰ লগ লাগি গণ বিক্ষোভ আৰম্ভ কৰাৰ পাং পাতিলে। তেতিয়াহে ভাৰতীয় কংগ্ৰেছৰ কাৰ্য্যকৰী কমিটিৰ গা লৰিল আৰু তেওঁলোকক এই বিষয়ে বিধানসভাত সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ উপদেশ দিলে। তাৰ পিছত বিধানসভাৰ সদস্যসকল একমত হ'ল যে অসমৰ দহজন প্ৰতিনিধিয়ে কোনো গ্ৰুপত অন্তৰ্ভুক্ত নোহোৱাকৈ নিজৰ সংবিধান ৰচনা কৰিব আৰু পিছলৈ ভাৰতীয় সংবিধান ৰচনাৰ বাবে ৰাষ্ট্ৰীয় কমিটিৰ লগত মিলিত হ'ব। জৱাহৰলাল নেহৰু আৰু মুছলিম লীগে এই সকলোবোৰ আওকাণ কৰি গ্ৰুপিং আঁচনি ৰুপায়ণৰ বাবে হাত মিলালে। উপায়ন্তৰ হৈ গোপীনাথ বৰদলৈয়ে মহাত্মা গান্ধীৰ ওচৰ চাপিল আৰু তেখেতে বৰদলৈক গ্ৰুপঙৰ বিৰোধিতা কৰি যাবলৈ উপদেশ দিলে। ১৯৪৭ চনত লৰ্ড মাউণ্টবেটেনে নতুন ভাইচৰয় হিছাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে। তেওঁ মুছলিম লীগ, কংগ্ৰেছ আৰু মহাত্মা গান্ধীৰ লগত সুকীয়া সুকীয়া আলোচনাত মিলিত হ'ল। তেওঁলোকে গ্ৰুপিঙৰ পৰিৱৰ্তে বিভাজনক স্বাধীনতাৰ স্থায়ী সমাধান বুলি মত পোষণ কৰিলে। ভাৰত আৰু পাকিস্তান দুখন বেলেগ দেশলৈ পৰিৱৰ্তিত হ'ল। মুখ্যমন্ত্ৰী হিচাপে অৱদান ১৯৩৭ চনৰ ২১ ফেব্ৰুৱাৰীত গুৱাহাটীত কংগ্ৰেছ দলে দলপতি আৰু কৰ্ম পৰিচালক নিৰ্বাচন কৰি ল'বলৈ আয়োজন কৰা সভাই গোপীনাথ বৰদলৈকে সৰ্বসন্মতিক্ৰমে দলৰ দলপতি নিৰ্বাচন কৰে। চৈয়দ মহম্মদ ছাদুল্লা চৰকাৰৰ পৰাজয়ৰ পিছত, ১৯৩৮ চনৰ ২১ ছেপ্টেম্বৰত গোপীনাথ বৰদলৈয়ে অসমৰ মুখ্যমন্ত্ৰীৰ (তেতিয়াৰ প্ৰধানমন্ত্ৰী) গুৰু দায়িত্বভাৰ গ্ৰহণ কৰিবলগীয়া হয়। তেওঁ মুখ্যমন্ত্ৰী হৈয়ে পোনতে কৰ্মচাৰীসকলক সেৱাৰ মনোভাবেৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ মন্ত্ৰীসকলক প্ৰাপ্য দৰমহাৰ কিছু ধন কমাই ল'বলৈ আহ্বান জনায়। মন্ত্ৰীসকলৰ পৰা কাটি ৰখা অতিৰিক্ত টকাখিনি জমা কৰে আৰু সেই টকা বানপীড়িত লোকলৈ সাহায্য হিচাপে দান কৰিবলৈ সিদ্ধান্ত লয়। ১৯৩৯-৪০ চনৰ সময়ছোৱাত তেওঁ জনসাধাৰণৰ বাবে আন এটা ডাঙৰ কাম হাতত লয়। সেইকামটোৱেই আছিল মাটিৰ খাজানা হ্ৰাস কৰা। ১৯৩৯-৪০ চনত বৰদলৈৰ চৰকাৰে যিখন বাজেট দাঙি ধৰে সেইখন বাজেটে সম্পূৰ্ণ গঠনমূলক কামৰ আঁচনিৰ মাজেৰে দুখীয়া লোকক সকাহ দিব পাৰিছিল আৰু লগতে কিছু টকা ৰাহি কৰিব পৰা হৈছিল। বৰদলৈৰ মন্ত্ৰী সভাই কানি নিবাৰণ আৰু পাছপৰা অঞ্চলত শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। কানি নিবাৰণ কৰিবলৈ গৈ চৰকাৰৰ আয়কৰ বন্ধ হ'ল যদিও সেই কথা নগণ্য বুলিহে জ্ঞান কৰা হ'ল। এনে প্ৰচাৰ কাৰ্য্য চলাবলৈ বৰঞ্চ চৰকাৰৰহে ধনৰ প্ৰয়োজন হ'ল। এই সময়ছোৱাৰ ভিতৰত বৰদলৈয়ে শিক্ষা বিস্তাৰ শিতানত ২ লাখ ৮০ হাজৰ টকা বেছিকৈ ধাৰ্য কৰি বিশেষ মহানুভৱতা দেখুৱাইছিল। তেনে সময়তে ডিগবৈত বাগিচাৰ বনুৱাসকলৰ মাজত হোৱা ধৰ্মঘটত বৰদলৈ নিজে সোমাই পৰি, বনুৱা আৰু কোম্পানীৰ মালিকপক্ষৰ লগত আলোচনা কৰি বনুৱাসকলৰ স্বাৰ্থ ৰক্ষা কৰিছিল। দ্বিতীয় মহাযুদ্ধৰ পিছত, প্ৰাদেশিক ব্যৱস্থাপক সভাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয় আৰু কংগ্ৰেছ দলে সংখ্যগৰিষ্ঠতা লাভ কৰে। এই নিৰ্বাচনত ১০৮টা সমষ্টিৰ ভিতৰত কংগ্ৰেছে ৬১খন আসন লাভ কৰি ১৯৪৬ চনত মন্ত্ৰীসভা গঠন কৰে। দলৰ নেতা গোপীনাথ বৰদলৈয়ে মুখ্যমন্ত্ৰী নিৰ্বাচিত হয় আৰু ১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰীত ৭ জনীয়া মন্ত্ৰীসভা গঠিত কৰে। বৰদলৈয়ে শাসনভাৰ লৈয়ে নিৰ্বাচনী ইস্তাহাৰত ঘোষণা কৰা মতে পোনতেই যিসকললোক কাৰাগাৰত ৰাজনৈতিক বন্দী হৈ আছিল তেওঁলোকক খালাচ দিয়ে। পাইকাৰী জৰিমনাৰ টকা আৰু জব্দ কৰা সকলো সা-সম্পত্তি ঘূৰাই দিলে। মুখ্যমন্ত্ৰী বৰদলৈৰ হাতত শিক্ষা দপ্তৰৰো দায়িত্ব আছিল। পিছপৰা অসমৰ শিক্ষা ব্যৱস্থাক উন্নত কৰিবলৈয়ে বৰদলৈয়ে মহাত্মা গান্ধীৰ প্ৰৱৰ্তিত 'নয়ী তালীমী' শিক্ষা ব্যৱস্থাৰ প্ৰচলন কৰিছিল। ইয়াৰ বাবে তেওঁ প্ৰশিক্ষণ লবলৈ ২৪জন ছাত্ৰক দিল্লী আৰু ৱাৰ্দ্ধলৈ পঠিয়াই দিছিল। লগতে এই শিক্ষা বিস্তাৰৰ কাৰণে তেওঁ ৯টা কেন্দ্ৰ স্থাপন কৰিছিল আৰু তাৰে ৩টা কেন্দ্ৰ মহিলাৰ বাবে সংৰক্ষণ কৰিছিল। তদুপৰি তেওঁ সমগ্ৰ ৰাজ্য খনতে প্ৰাইমাৰী শিক্ষাক বাধ্যতামূলক কৰি দিছিল, সেয়ে প্ৰাইমাৰী শিক্ষক সকলৰ প্ৰশিক্ষণৰ বাবে তেওঁ ৬টা প্ৰশিক্ষণ কেন্দ্ৰও প্ৰতিষ্ঠা কৰিছিল। লোকেল বোৰ্ড আৰু মিউনিচিপালিটী এলেকাৰ পাছপৰা অঞ্চলত তেওঁ ৪১৯খন প্ৰাথমিক বিদ্যালয় স্থাপন আৰু ৫৮খন বিদ্যালয়লৈ ৰাজসাহায্য আগবঢ়াইছিল। টোলত সংস্কৃত শিক্ষা, মুছলমান সকলৰ বাবে মাদ্ৰাছা শিক্ষা আৰু হাইস্কুলত হিন্দী শিক্ষাৰ আঁচনি প্ৰস্তুত কৰোঁতাও আছিল গোপীনাথ বৰদলৈ। ভাৰতৰ স্বাধীনতাৰ পিছত গোপীনাথ বৰদলৈয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ লগ লাগি এফালে চীন আৰু আনফালে পূব পাকিস্তানৰ পৰা অসমৰ সাৰ্বভৌমত্ত্ব সুৰক্ষিত কৰিবলৈ সমৰ্থ হয়। তেখেতে বিভাজনৰ পিছত হোৱা সংঘৰ্ষৰ ফলস্বৰূপে পূব পাকিস্তানৰ পৰা অহা লাখ লাখ হিন্দু শৰনাৰ্থীৰ পুনৰ্সংস্থাপনতো সহায় কৰে। তেখেতৰ কাৰ্যাৱলীৰ কাৰণেই বাংলাদেশৰ মুক্তিযুদ্ধ পৰ্যন্ত অসমৰ সাম্প্ৰদায়িক শান্তি অটুট থাকে। গোপীনাথ বৰদলৈৰ আশাশুধীয়া চেষ্টাতে গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী উচ্চ ন্যায়ালয়, অসম চিকিৎসা মহাবিদ্যালয়, অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, বন প্ৰশিক্ষণ মহাবিদ্যালয়, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, কামৰূপ একাডেমী, বি বৰুৱা মহাবিদ্যালয়, শৰণীয়া কস্তুৰবা আশ্ৰম, বকোৰ মৌমেন আশ্ৰম, অসম কৃষি বিশ্ববিদ্যালয়, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়, কো-অপাৰেটিভ প্ৰশিক্ষণ মহাবিদ্যালয়, অসম ৰাজ্যিক সংগ্ৰহালয়, যোৰহাট কাৰিকৰী বিদ্যালয় আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন হয়। আজীৱন তেখেত গান্ধীৰ আদৰ্শৰ বিশ্বাসী আছিল। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হোৱাত গোপীনাথ বৰদলৈয়ে স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী হৈছিল। মুখ্যমন্ত্ৰী হৈয়ো তেখেতে সৰল জীৱন যাপন কৰিছিল। দেহাৱসান ১৯৫০ চনৰ ৫ আগষ্টত গোপীনাথ বৰদলৈয়ে ইহলীলা সম্বৰণ কৰে। সেইদিনা আছিল শনিবাৰ। গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্যমন্দিৰত 'প্ৰতিবাদ' নামৰ এখন নাটকৰ আয়োজন কৰা হৈছিল। নাটকখনৰ বিশেষত্ব আছিল যে তাত সহ-অভিনয়ৰ আৰম্ভ কৰা হৈছিল আৰু নাটখনি উদ্বোধন মুখ্যমন্ত্ৰী বৰদলৈক আমন্ত্ৰণ জনোৱা হৈছিল। বৰদলৈদেৱে উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈকে সেইদিনা শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহিছিল আৰু সন্ধিয়াৰ আগে আগে গুৱাহাটী পাইছিল। সন্ধ্যা ঠিক ৭ বজাত নাটক উদ্বোধন কৰিছিল আৰু ৮ বজাৰ লগে লগে তেওঁ ৰাইজৰ পৰা বিদায় মাগিব বিচাৰিছিল যদিও সৰু সৰু ল'ৰা-ছোৱালী কেইটিৰ কাৰণে সেই অনুষ্ঠানত ৯ বজালৈকে থাকিবলৈ বাধ্য হৈছিল। তাৰ পিছত তেওঁ উলুবাৰী নিজা ঘৰলৈ ৰাওনা হৈছিল, নিশা ১০ বজাত তেওঁ ভাত-পানী খাই বিছনাত শুই পৰিছিল। কিন্তু ঠিক ১১ মান বজাৰ লগে লগে অকস্মাৎ তেওঁ হৃদযন্ত্ৰত এটা বেদনা অনুভৱ কৰিছিল আৰু সেই বেদনা ক্ৰমশঃ গুৰুতৰ হৈ আহিছিল। তেওঁৰ এই অসুখৰ খৱৰ পাই চিকিৎসক ভুবনেশ্বৰ বৰুৱাকে ধৰি আন কেইজনমান মুখিয়াল ডাক্তৰ আহিল যদিও তেওঁৰ সেই বেমাৰ উপশম কৰিব নোৱাৰিলে। বৰদলৈয়ে মাথোঁঁ এবাৰ ভঙা ভঙা মাতেৰে কৈছিল, "এইবাৰ মই ৰক্ষা পাম এনে আশা নাই। সেইদিনা ৰাতিয়ে ২:৪০ মিনিটত ৬০ বছৰ বয়সত তেওঁৰ নৰ নাটৰ সামৰণি পৰিছিল। শৱযাত্ৰাৰ সময়ত অৰ্ধনমিত জাতীয় পতাকা আৰু ফুলৰ মালাৰে সুশোভিত মটৰ এখনত তেওঁৰ শৱধাৰা তুলি লোৱা হৈছিল। শৱধাৰাৰ আগে আগে উৰুলি আৰু হৰিধ্বনি কৰা হৈছিল। প্ৰায় আধা মাইল জোৰা শোভাযাত্ৰাত হাজাৰ হাজৰ জনতা, অসম পুলিচৰ বেটেলিয়ন আৰু সশস্ত্ৰ পুলিচ বাহিনীয়ে মৌনভাবে শেষ সন্মান প্ৰদৰ্শন কৰিছিল। ঠায়ে ঠায়ে সমবেত জনতাই আখৈ, চন্দন, দুৱা, অক্ষত পুষ্প আদি বৰ্ষণ কৰিছিল। চহৰ প্ৰদক্ষিণৰ পিছত শৱধাৰা কংগ্ৰেছ অফিচলৈ নিয়া হৈছিল আৰু তাতে জাতীয় পতাকাৰে শ আবৃত্ত কৰা হৈছিল। তাৰ পিছত নৱগ্ৰহ শ্মশানলৈ নি নানা ধৰণৰ ৰাজকীয় সন্মান প্ৰদৰ্শন কৰাৰ পিছত অন্তষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল। ৰচনাৱলী গোপীনাথ বৰদলৈ এগৰাকী লেখকো আছিল। তেখেতে বিশেষকৈ শিশুহঁতৰ বাবে বহুকেইখন কিতাপ লিখি থৈ গৈছে। শ্ৰীৰামচন্দ্ৰ বুদ্ধদেৱ যীশুখ্ৰীষ্ট হজৰত মহম্মদ গান্ধীজী তৰুণৰাম ফুকন অনাসক্তি যোগ ভাৰত-ৰত্ন সন্মান ১৯৯৯ চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈক সেই সময়ৰ অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন ভাৰত চৰকাৰে মৰণোত্তৰভাৱে দেশৰ সৰ্ব্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন উপাধি প্ৰদান কৰে। গোপীনাথ বৰদলৈ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত এই সন্মান লাভ কৰা সৰ্বপ্ৰথম ব্যক্তি। ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সমাৰোহত ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনে প্ৰয়াত বৰদলৈৰ পত্নী সুৰবালা বৰদলৈৰ হাতত এই সন্মান অৰ্পণ কৰে। ভাৰত চৰকাৰে বৰদলৈৰ নামত এটি 'প্ৰচ্ছদ খাম' মুকলি কৰিছে। তদুপৰি তেওঁৰ জন্মস্থান ৰহাত অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত ৰহা চিকিৎসালয়ৰ ডাক্তৰ আবাস গৃহৰ ঘৰ-মাটি অধিগ্ৰহণ কৰি তাত এটা মিউজিয়াম সদৃশ অনুষ্ঠান পতাৰ বাবে ব্যৱস্থা কৰি তাৰ আধাৰশিলা ৰাজ্যপালে স্থাপন কৰিছে। গুৱাহাটী বৰঝাৰ বিমানবন্দৰটো গোপীনাথ বৰদলৈৰ নামেৰে নামকৰণ কৰা হৈছে। অনান্য সন্মান আৰু দিৱস ৫ আগষ্ট তেখেতৰ মৃত্যু দিনটো লোক কল্যাণ দিৱস হিচাপে উদযাপন কৰা হ'ব বুলি অসম চৰকাৰে ঘোষণা কৰে। লগতে উক্ত দিনটোত প্ৰতিখন জিলাৰ তিনিজনকৈ তৃতীয়-চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰীক নিৰ্বাচন কৰা হ’ব। যিসকলৰ বিৰুদ্ধে কোনোধৰণৰ দুৰ্নীতিৰ অভিযোগ নথকাৰ লগতে কৰ্মচাৰীজনৰ দক্ষতাও থাকে ৷ উপহাৰস্বৰূপে নিৰ্বাচিত কৰ্মচাৰীজনৰ চাকৰিৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ তথ্য সংগ্ৰহ বাহ্যিক সংযোগ অসমৰ মুখ্যমন্ত্ৰী অসমীয়া প্ৰবন্ধকাৰ অসমৰ স্বাধীনতা সংগ্ৰামী ভাৰত ৰত্ন বঁটা বিজয়ী অসমৰ ৰাজনীতিক অসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত
4508
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%B0%E0%A6%97%E0%A7%80%E0%A6%A4
বৰগীত
অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ হোতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত, উচ্চ আধ্যাত্মিক ভাবপূৰ্ণ, নিৰ্দিষ্ট ৰাগ-তাল বিশিষ্ট, এক বিশেষ শৈলীৰে গোৱা গীতসমূহকেই বৰগীত বোলা হয়। বৰগীতসমূহ শ্ৰীকৃষ্ণৰ ভক্তিৰ ব্যাখ্যাৰে ব্ৰজাৱলী ভাষা (ব্ৰজবুলি)ত ৰচিত। মহাপুৰুষ দুজনাই তেওঁলোকে ৰচনা কৰা গীত সমূহক বৰগীত হিচাপে নামকৰণ কৰা নাছিল। পৰৱৰ্তী কালত ভকতসকলেহে শংকৰ-মাধৱে ৰচনা কৰা মহত্বপূৰ্ণ গীতসমূহক শ্ৰেষ্ঠত্বসূচক 'বৰ' বিশেষণটো লগাই "বৰগীত" হিচাপে নামকৰণ কৰিছিল বাণীকান্ত কাকতিয়ে ইংৰাজীত বৰগীতক কালিৰাম মেধিয়ে বা আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই আখ্যা দিছে। শংকৰদেৱে ৰচনা কৰা মুঠ ডেৰকুৰি (ত্ৰিশ)টা গীতৰ সংগ্ৰহ পোৱা যায়। চৰিত পুথি মতে, তেখেতে বাৰ কুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল কিন্তু দুৰ্ভাগ্যক্ৰমে বনপোৰা জুয়ে সেই বৰগীত সমূহ নষ্ট কৰে। মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) গীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি (এশ আশী) মান গীতহে উপলব্ধ। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিষ্ট হৈ আছে। বিষয়বস্তু বালগোপালৰ বিভিন্ন প্ৰকাৰৰ শিশু লীলা, যেনে দুষ্টালি, খেল-ধেমালি, চৌৰ্য্য-চাতুৰি, ভেম-পেচ, গোপ কৃষ্ণৰ গোপী লীলা (যেনে গোপীৰ লগত কৰা বিভিন্ন ক্ৰিয়া-নৃত্যাদিৰ মনোজ্ঞ আৰু আমোদজনক চিত্ৰ) গোপিনীৰ বিৰহ আৰু কৃষ্ণ প্ৰেমৰ ব্যাকুলতা, উদ্ধৱৰ বান্ধৱ কৃষ্ণৰ প্ৰতি থকা প্ৰেম আৰু ভক্তি, কৃষ্ণ-বিহীন বৃন্দাবনৰ অন্ধকাৰ চিত্ৰও গীতত অংকিত হৈছে। আন শ্ৰেণীৰ বৈষ্ণৱ সাহিত্যৰ ঐহিক ভাৱ বা চঞ্চল ভাৱ বৰগীতত নাই। কোনো কোনো বৰগীতত মানৱ জীৱনৰ নশ্বৰতা, ধন-জন, ৰূপ-যৌৱনৰ অস্থায়িত্ব, কাম-ক্ৰোধাদি ৰিপুবোৰৰ দৌৰাত্ম আনহাতে ভক্তিৰ মাহাত্ম্য, মুক্তিৰ বাবে ভক্তৰ ভগৱানৰ চৰণত আত্মসমৰ্পণ আদি পাৰমাৰ্থিক তত্ত্বও বৰ্ণিত হৈছে। ৰচনাকাল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰচনা কৰা প্ৰথমটো বৰগীত মন মেৰি ৰাম চৰণহি লাগুৰ ৰচনা কাল প্ৰায় ১৫১৫ খৃঃ। সেয়া আছিল গুৰুজনাৰ প্ৰথম তীৰ্থ ভ্ৰমণৰ সময়। ধনশ্ৰী ৰাগ ভিত্তিক এই গীতৰ ৰচনাৰ স্থান বদৰিকাশ্ৰম বুলি অনুমেয়। বদৰিকা আশ্ৰমত গুৰুজন থাকোঁতে ঘটা এটা ঘটনাৰ উল্লেখ গুৰু চৰিতত পোৱা যায়। “…গৈ বদৰিকাশ্ৰমে উঠি উদ্ধৱক দৰশন হৈছেগৈ। তাত দক্ষিণ বাহুত বাঢ়িছে মাংস। সৰ্ব্বজয় আতৈ বোলে, কিবা হব হে। গুৰু বোলে আমাৰ সখা ইষ্ট এজন পুৰুষ মাধৱ নামে জন্মিছে।” …ইয়াৰ পৰা এইটো অনুমেয় যে গুৰুজনাৰ প্ৰথম বৰগীত ৰচনাৰ কাল, মাধৱ পুৰুষৰ জন্মৰ প্ৰায় সমসাময়িক। সংগীত শৈলী মহাপুৰুষ দুজনাৰ দ্বাৰা ৰচিত এই ভক্তি গীতসমূহ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ অসমত প্ৰচলিত এটা স্বকীয় ধাৰা। ভাৰতৰ আন শাস্ত্ৰীয় সংগীতৰ দৰেই এই গীতসমূহ, কেদাৰ, ধনশ্ৰী, সিন্ধুৰা আদি বিভিন্ন ৰাগ ভিত্তিক। কোনো বাদ্যযন্ত্ৰৰ আৱশ্যক নহ'লেও সাধাৰণতে এই গীতসমূহৰ পৰিৱেশনত খোল, তাল আৰু বাঁহীৰ প্ৰয়োগ কৰা হয়। শংকৰদেৱৰ 'ষড়ছন্দৰ গীত' বোলা তিনিটা গীতৰ বাহিৰে বাকীবোৰ বৰগীতত তালৰ উল্লেখ নাই। বৰগীতত সাধাৰণতে ৰাগহে নিৰ্দ্দিষ্ট কৰি বন্ধা থাকে, তালৰ নাম উল্লেখ কৰা নহয়। মাত্ৰ শংকৰদেৱ বিৰচিত তিনিটি গীতৰ প্ৰত্যেকটি গীততে তাল ধৰি দিয়া আছে। এই গীতকেইটিকে ‘ষড়ছন্দৰ গীত’ বোলা হয়। এই গীতকেইটি ভূপালী, ধনশ্ৰী আৰু অহিৰ ৰাগৰ। প্ৰত্যেকটি গীততে তিনিটাকৈ খণ্ড পোৱা যায় আৰু প্ৰত্যেকটো খণ্ডই ভাব আৰু গঠনৰ ফালৰ পৰা একো একোটা স্বতন্ত্ৰ গীত। প্ৰত্যেকটো খণ্ডই ধ্ৰুৱক আৰু পদেৰে গঠিত; কিন্তু গীতৰ একেবাৰে শেষ খণ্ডটোৰ শেষতহে ভণিতা দিয়া হৈছে। গীতকেইটিৰ প্ৰথমৰ খণ্ডকেইটাত অন্যান্য বৰগীতৰ দৰে তাল নিৰ্দ্দিষ্ট কৰি দিয়া নাই, পিচৰ অংশ দুটাতহে তাল নিৰ্দ্দিষ্ট কৰি দিয়া হৈছে। ভূপালী ৰাগৰ গীত দুটিত চুটা আৰু খৰমান তাল, ধনশ্ৰী ৰাগৰ গীত দুটিত পৰিতাল আৰু একতালি, অহিৰ ৰাগৰ গীত দুটিত যতিমান আৰু মানচোক ব্যৱহাৰ কৰা হৈছে। গীতসমূহৰ বিষয়বস্তু গোপী-কৃষ্ণৰ বিৰহ। ষড়ছন্দৰ গীতকেইটি গোৱাৰ পৰ আৰু উপলক্ষ্যও বেলেগ। বৈশিষ্ট্য আন বৈষ্ণৱ সাহিত্যিকৰ গীত বা গুৰু দুজনাৰে আন কিছুমান গীতক বৰগীত বুলি ধৰা নহয়। ড॰ মহেশ্বৰ নেওগে বৰগীতৰ এই বৈশিষ্ট্যসমূহ এনেদৰে আঙুলিয়াই দিছে: বৰগীতৰ ভাষা অসমীয়া আৰু মৈথিলী ভাষাৰ সংমিশ্ৰণত গঢ়ি তোলা। ব্ৰজাৱলী ভাষাত এই গীতসমূহ ৰচনা কৰা হৈছিল। বিষয়বস্তুৰ সংৰক্ষণশীলতা বা সংযম। বৰগীতসমূহৰ সুৰ উদ্দেশ্য আৰু উপলক্ষ্য অনুসৰি শংকৰদেৱ আৰু মাধৱদেৱে সংযোগ কৰি গৈছে। চৈধ্য প্ৰসঙ্গৰ পৰিক্ৰমাত বৰগীতৰ স্থান, যেনে- পুৱাৰ প্ৰসঙ্গৰ আৰম্ভণিতে বৰগীতৰ তুতি, তাৰ পিছতহে ভটিমা, কীৰ্তন আদি গোৱা হয়। বৰগীতৰ সীমাৱদ্ধ পবিত্ৰতা। সত্ৰ আৰু পন্থা ভেদে ৰামচৰণ ঠাকুৰ, গোপাল আতা, দৈত্যাৰি ঠাকুৰ, নাৰায়ণ ঠাকুৰ আতা, পুৰোষোত্তম ঠাকুৰ আদিয়ে ৰচনা কৰা গীতকো 'বৰগীত' বুলি ধৰা হয় আৰু প্ৰসঙ্গত ব্যৱহাৰ কৰা হয়। কিন্তু আন সত্ৰ বা পন্থাই এয়া মানি নলয়। লগতে চাওক শ্ৰীমন্ত শংকৰদেৱ শ্ৰীমন্ত মাধৱদেৱ লোকগীত অসমৰ সংগীত তথ্য সংগ্ৰহ গ্ৰন্থপঞ্জী বাহ্যিক সংযোগ শ্ৰৱণ সংযোগ মহাপুৰুষ শংকৰদেৱ বিৰচিত এটি বৰগীত (পাৱে পৰি হৰি) চাবৰ বাবে ইয়াত ক্লিক্ কৰক। মহাপুৰুষ মাধৱদেৱ বিৰচিত এটি বৰগীত (পামৰু মনাই কমনে) শুনিবৰ বাবে ইয়াত ক্লিক্ কৰক। কেইটিমান বৰগীতৰ দৃশ্যশ্ৰাব্যৰ বাবে ইয়াত ক্লিক কৰক। আমেৰিকান কল্পতৰু অসমৰ সংগীত নৱবৈষ্ণৱ
55623
https://as.wikipedia.org/wiki/%E0%A6%AB%E0%A6%BF%E0%A6%93%E0%A6%A6%E0%A7%8B%E0%A7%B0%20%E0%A6%A6%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%AF%E0%A6%BC%E0%A7%87%E0%A6%AD%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A6%BF
ফিওদোৰ দস্তয়েভস্কি
ফিওদোৰ মিখাইলভিছ দস্তয়েভস্কি আছিল এজন ৰাছিয়ান ঔপন্যাসিক, চুটি গল্প লেখক, প্ৰবন্ধকাৰ, সাংবাদিক আৰু দাৰ্শনিক। দস্তয়েভস্কিৰ সাহিত্যিক কৰ্মৰাজীত ১৯ শতিকাৰ ৰাছিয়ান সাম্ৰাজ্যত সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰা ৰাজনৈতিক, সামাজিক আৰু আধ্যাত্মিক বাতাৱৰণৰ কালছোৱাত মানৱীয় মনস্তত্ত্বৰ অন্বেষণ দৃষ্টিগোচৰ হয়; তাৰ লগতে সমন্বয় ঘটে দাৰ্শনিক আৰু ধাৰ্মিক বিষয়বস্তুৰ (থিম)। তেওঁৰ বহুলসমাদৃত কৰ্মৰ ভিতৰত ক্ৰাইম এণ্ড পানিছমেণ্ট (১৮৬৬), দ্য ইডিয়ট (১৮৬৯), ডেমনছ (১৮৭২), আৰু দ্য ব্ৰাডাৰছ্ কাৰাম'জ'ভ (১৮৮০) প্ৰধান। তেওঁৰ সৃষ্টিৰাজীৰ সুবিশাল ভাণ্ডাৰটো সমৃদ্ধ হৈছে এঘাৰখন উপন্যাস, তিনিখন উপন্যাসিকা, সোতৰটা চুটি গল্পকে ধৰি অলেখ সৰু-বৰ সৃষ্টিৰ দ্বাৰা। সাহিত্যৰ বহু সমালোচকে তেওঁক বিশ্ব-সাহিত্যৰ এগৰাকী মহান মনোবিজ্ঞানী হিচাপে আখ্যা দিয়ে। ১৮৬৪ চনত তেওঁ লিখা উপন্যাসিকা ন'টছ ফ্ৰম আণ্ডাৰগ্ৰাউণ্ডক "অস্তিত্ববাদ-সাহিত্য"ৰ এক উল্লেখযোগ্য কৰ্ম হিচাপে বিবেচনা কৰা হয়। শৈশৱ আৰু শিক্ষা ফিওদোৰ দস্তয়েভস্কিৰ জন্ম হৈছিল ১৮২১ চনৰ ১১ নৱেম্বৰত। তেওঁ আছিল ডা. মিখাইল দস্তয়েভস্কি আৰু মাৰিয়া দস্তয়েভস্কিৰ দ্বিতীয়টি সন্তান। জন্মতে তেওঁৰ নাম ৰখা হৈছিল নেখায়েভা। মস্কোৰ প্ৰান্তত অৱস্থিত এখন নিম্ন শ্ৰেণীৰ জিলাত থকা মেৰিনস্কি হাস্পতালৰ পাৰিবাৰিক-গৃহত তেওঁৰ লালিত-পালিত হৈছিল। দস্তয়েভস্কিক খুব কম বয়সতে সাহিত্যৰ লগত পৰিচিত হৈছিল। তিনিবছৰ বয়সৰ পৰাই তেওঁ বীৰ-বীৰাংগনাৰ কল্পকথা, পৰীৰ সাধু আদি আইতাকৰ জৰিয়তে শুনিবলৈ পাইছিল। তেওঁৰ আইতাকৰ নাম আছিল এলেনা ফ্ৰিল'ভনা। এইগৰাকী নাৰীয়েই দস্তয়েভস্কিক শৈশৱকালক প্ৰভাৱান্বিত কৰাৰ উপৰিও তেওঁৰ মনত কল্পনাপ্ৰসূত কাহিনীৰ প্ৰতি অনুৰাগৰ জন্ম দিছিল। চাৰি বছৰ বয়সত তেওঁৰ মাতৃয়ে বাইবেলখন ব্যৱহাৰ কৰি দস্তয়েভস্কিক পঢ়িবলৈ আৰু লিখিবলৈ শিকাইছিল। দস্তয়েভস্কিৰ পিতৃ-মাতৃয়ে তেওঁক সাহিত্যৰ বিশাল জগতখনৰ লগত পৰিচয় কৰাই দিছিল। বিভিন্ন ৰাছিয়া লেখক-সাহিত্যিক যেনে-নিকোলাই কাৰামজিন, আলেক্সজেণ্ডাৰ পুছকিন আৰু গেভ্ৰিলা ডাৰ্জহাভিনৰ সাহিত্যিক কৰ্ম, ৰোমাণ্টিক কৰ্মৰাজিৰে সুখ্যাতি অৰ্জন কৰা ফ্ৰেডৰিখ স্কিলাৰ আৰু জোহান ওল্ফগেংগ, কাৰভেণ্টেছ আৰু ৱাল্টাৰ স্কটৰ দ্বাৰা ৰচিত বীৰত্বপূৰ্ণ গাঁথাৰ লগত তেওঁৰ চিনাকি হৈছিল। দস্তয়েভস্কিৰ শাৰীৰিক গঠন লেহুকা আছিল যদিও তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক এজন উগ্ৰ স্বভাৱৰ, আঁকোৰগোজ আৰু উদ্ধত বুলিহে আখ্যায়িত কৰিছিল। ১৮৩৩ চনত দেউতাকে দস্তয়েভস্কিক ফৰাচী বোৰ্ডিং স্কুললৈ পঠিয়াই দিছিল আৰু তাৰপিছত ছাৰমাৰ্ক বোৰ্ডিং স্কুললৈ প্ৰেৰণ কৰিছিল। তেওঁক কোৱা হৈছিল এজন শেঁতা, অন্তৰ্মুখী সপোন-দেখোঁতা আৰু অত্যুৎসাহী ৰোমাণ্টিক। বিদ্যালয়ৰ মাননি দিবলৈ তেওঁৰ দেউতাকে টকা ধাৰ কৰিছিল আৰু নিজৰ ব্যক্তিগত চিকিৎসা-সেৱা সম্প্ৰসাৰিত কৰিছিল। মস্কোৰ বিদ্যালয়ত দস্তয়েভস্কিৰ সংগীসকল অত্যন্ত আধিপত্য ঘৰৰ আছিল, যিটো কথাই দস্তয়েভস্কিক প্ৰভাৱান্বিত কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁৰ একাংশ সাহিত্য-কৰ্ম যেনে-"দ্য ৰ য়ুথ"ত তাৰ প্ৰতিফলন দেখা গৈছিল। দস্তয়েভস্কিক এগৰাকী সামৰিক জোৱান হব'লৈহে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছিল। কিন্তু তেওঁ সেইটো পছন্দ কৰা নাছিল আৰু শেষমুহূৰ্তত সাহিত্যিক-কৰ্মত মনোনিৱেশ কৰিছিল। কৰ্মজীৱন ফিওদোৰ দস্তয়েভস্কিয়ে তেওঁৰ প্ৰথমখন উপন্যাস "পৌৰ ফ'ক" ১৮৪৫ চনৰ মে' মাহত সমাপ্ত কৰে। তেওঁৰ বন্ধু ডিমিট্ৰি গ্ৰিগৰিভিছে উপন্যাসৰ পাণ্ডুলিপিটো নি সেইসময়ৰ কবি নিকোলাই নেক্ৰাছ'ভক দেখুয়ায়। কবিয়ে আকৌ সেইখন নি সেইসময়ৰ প্ৰভাৱশালী সাহিত্য-সমালোচক ভ্ৰিচৰিয়ান বেলিনস্কিক দেখুয়ায়। বেলিন্সকিয়ে উপন্যাসখনক ৰাছিয়াৰ প্ৰথম সামাজিক উপন্যাস বুলি অভিহিত কৰে। ১৮৪৬ চনৰ ১৫ জানুৱাৰীত "ছেইণ্ট পিটাৰ্ছবাৰ্গ কালকেছন"ত প্ৰকাশিত হয় আৰু ব্যৱসায়িক দিশতো সফলতা অৰ্জন কৰে। ফিওদোৰ দস্তয়েভস্কিয়ে ভাবিছিল যে সামৰিক বাহিনীত কৰি থকা চাকৰিটোৱে তেওঁৰ সদ্য-উদ্ভাসিত সাহিত্যিক জীৱনটোলৈ বিপদ মাতি আনিব। সেইকাৰণে তেওঁ চাকৰিৰ পৰা অৱসৰ বিচাৰি চিঠি লিখিলে। তাৰ ঠিক কেইদিনৰ পাছতেই তেওঁ দ্বিতীয়খন উপন্যাস "দ্য ডাবল" লিখি উলিয়ায়, যিখন ১৮৪৬ চনৰ ৩০ জানুৱাৰীত "ন'টছ অন দ্য ফাডাৰলেণ্ড" পত্ৰিকাত প্ৰকাশিত হৈছিল। বেলিনস্কিৰ সান্নিধ্যত থকাৰ ফলত ফিওদোৰ দস্তয়েভস্কিৰ সামাজিক দৰ্শন সম্পৰ্কে জ্ঞান বৃদ্ধি হৈছিল। তেওঁক বেলনস্কিৰ যুক্তিবাদ, ন্যায়সংগত চিন্তাই আকৰ্ষিত কৰিছিল। কিন্তু শেষলৈ দস্তয়েভস্কি আৰু বেলনস্কিৰ মাজত ফাঁটৰ সৃষ্টি হ'ল। কাৰণ ফিওদোৰ দস্তয়েভস্কিয়ে প্ৰচলিত বিশ্বাসৰ প্ৰতি শ্ৰদ্ধাশীল আছিল আনহাতে বেলনস্কি আছিল নাস্তিক আৰু ধৰ্ম-বিৰোধী। "দ্য ডাবল" উপন্যাসখনক যদিও দস্তয়েভস্কিৰ অন্যতম উল্লেখযোগ্য সৃষ্টি বুলি গণ্য কৰা হয় যদিও উপন্যাসখনে আশানুৰূপ সাফল্য লাভ কৰিব নোৱাৰিলে। এই আশাভংগৰ বেদনাই সাহিত্যিক দস্তয়েভস্কিক মানসিক দিশত ক্ষতি কৰিলে। ১৮৪৬ চনৰ পৰা ১৮৪৯ চনলৈকে তেওঁৰ জীৱন-প্ৰৱাহ মোটামুটি অস্থিৰ আৰু বিশৃংখল হৈ থাকিল। তাৰ মাজতে ১৮৪৭ চনত তেওঁ চৰকাৰ-বিৰোধী এটা সংগঠন "পেট্ৰাছস্কি ছাৰ্কল"ত যোগদান কৰে। ১৮৪৯ চনত ইয়াৰ সদস্যসকলক গ্ৰেপ্তাৰ কৰা হ'ল। আঠটা মাহ কাৰাগাৰত কটোৱাৰ পিছত দস্তয়েভস্কিক মৃত্যুদণ্ডৰ আদেশ দিয়া হ'ল। পিছে বাস্তৱিকতে, এইটো আদেশ একপ্ৰকাৰৰ কৌতুকহে আছিল। তেওঁক চাৰিবছৰৰ কাৰাদণ্ড বিহা হৈছিল আৰু চাৰি বছৰৰ কাৰণে ৰাছিয়াৰ ছাইবেৰিয়াত সামৰিক বাহিনীত বলপূৰ্বক সেৱা আগবঢ়াবলৈ আদেশ দিয়া হৈছিল। সামৰিক বাহিনীত থকাৰ কালতেই ১৮৫৭ চনৰ ৭ ফেব্ৰুৱাৰীত মাৰিয়া ডিমিট্ৰিয়েভনাৰ লগত দস্তয়েভস্কি বৈবাহিক-বান্ধোনত বান্ধ খায়। তেওঁলোকৰ বৈবাহিক জীৱনৰ বাটচোৱা বৰ মসৃণ নাছিল আৰু দুয়ো প্ৰায়েই আঁতৰি-আঁতৰি থাকিছিল। অসুস্থ দেহাৰ বাবে ১৮৫৯ চনত থিওদৰক সামৰিক বাহিনীৰ সেৱাৰ পৰা মুক্তি দিয়া হয় আৰু ৰাছিয়ালৈ যাবলৈ অনুমতি দিয়া হয়। ১৮৬৪ চনত তেওঁৰ পত্নী মাৰিয়া আৰু তেওঁৰ ভায়েক মিখাইলৰ মৃত্যু হয়। ফলত দস্তয়েভস্কি তেওঁলোকৰ তুলনীয়া পুত্ৰ পাশাৰ একমাত্ৰ অভিভাৱক আৰু ভ্ৰা্তৃৰ পৰিয়ালটোৰ একমাত্ৰ পৰিচৰ্যাকাৰী হৈ পৰে। "ক্ৰাইম এণ্ড পানিছমেণ্ট"ৰ প্ৰথম দুটা খণ্ড যথাক্ৰমে ১৮৬৬ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰীত "দ্য ৰাছিয়ান মেছেঞ্জাৰ"ত প্ৰকাশিত হয়। এই ৰচনাৰ প্ৰকাশে আলোচনীখনৰ সদস্য সংখ্যা বঢ়ায় আৰু ৫০০ জন নতুন সদস্যই আলোচনীখনৰ গ্ৰাহক হয়। সম্পাদক ফিওদৰ ষ্টেলোভস্কিক কথা দিয়া মতে দস্তয়েভস্কিয়ে তেওঁৰ নাতিদীৰ্ঘ উপন্যাস "দ্য গেম্বলাৰ"খন লিখি সোনকালে সমাপ্ত কৰিবলে আগবাঢ়ে। তাৰবাবে তেওঁৰ বন্ধু-ষ্টেন'গ্ৰাফাৰ পাভেল অলখিনৰ সহায় বিচাৰে আৰু বন্ধুৱে তেওঁৰ এগৰাকী ছাত্ৰী আন্না গ্ৰিগৰিয়েভনা স্নিটকিনাৰ লগত দস্তয়েভস্কিৰ পৰিচিতি কৰাই দিয়ে। স্নিটকিনাৰ সহযোগত দস্তয়েভস্কিয়ে ২৬ চিনৰ ভিতৰতে উপন্যাসখন লিখি উলিয়ায়। ১৮৬৭ চনৰ ১৫ ফেব্ৰুৱাৰীত দস্তয়েভস্কিয়ে স্নিটকিনাক বিয়া পাতে। ১৮৬৭ চনৰ ছেপ্টেম্বৰত দস্তয়েভস্কিয়ে "দ্য ইডিয়ট" শীৰ্ষক উপন্যাসখন লিখিবলৈ লয় আৰু কেৱল ২৩ দিনতে তেওঁ কিতাপখনৰ প্ৰথম এশটা পৃষ্ঠা লিখি উলিয়ায়। জানুৱাৰী, ১৮৬৮ চনৰ পৰা "দ্য ৰাছিয়ান মেছেঞ্জাৰ"ত উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰকাশ পাবলৈ ধৰে। ১৮৬৮ চনত ৫ মাৰ্চত জেনেভাত তেওঁলোকৰ প্ৰথমটি সন্তান ছ'নিয়াই জন্মলাভ কৰে। কিন্তু তিনিমাহৰ পাছতেই কেঁচুৱাটিৰ নিউমনিয়াত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। ১৮৬৯ চনৰ জানুৱাৰীত "দ্য ইডিয়ট" শেষ হয় আৰু তাৰ অন্তিমটো খণ্ড ১৮৬৯ চনৰ ফেব্ৰুৱাৰীত "দ্য ৰাছিয়ান মেছেঞ্জাৰ"ত প্ৰকাশিত হয়। তেওঁলোকৰ দ্বিতীয়টো সন্তান লিঅব'ভ দস্তয়েভস্কিৰ জন্ম হয় ১৮৬৯ চনৰ ২৬ ছেপ্টেম্বৰত, ড্ৰেছদনত। তেওঁৰ অইন উল্লেখযোগ্য কৰ্মৰ ভিতৰত দ্য পছেছড আৰু দ্য ব্ৰাদাৰছ কাৰামাজ'ভ অন্যতম। মৃত্যু ১৮৮১ চনৰ ২৮ জানুৱাৰীত মগজুৰ ৰক্তক্ষৰণ হৈ দস্তয়েভস্কিৰ ছেইণ্ট পিটাৰ্ছবাৰ্গত মৃত্যু হয়। তথ্য-সূত্ৰ বাহ্যিক সংযোগ ৰাছিয়াৰ ব্যক্তি মৃত ব্যক্তি সাহিত্যিক
4046
https://as.wikipedia.org/wiki/%E0%A6%A2%E0%A7%87%E0%A6%81%E0%A6%95%E0%A7%80
ঢেঁকী
ঢেঁকী হৈছে চাউল, মচলা আদি গুৰি কৰিবলৈ ব্যৱহাৰ কৰা এবিধ কাঠৰ আহিলা। অসমত অতীজৰে পৰা ঢেঁকীৰ প্ৰচলন হৈ আহিছে। অসমীয়াৰ লগতে বিভিন্ন অইন বহুতো জাতি জনজাতিৰ লোকেও ঢেঁকী ব্যৱহাৰ কৰা দেখা যায়। অসমৰ বাদেও ইয়াৰ দাঁতি কাষৰীয়া ৰাজ্য পশ্চিম বংগ আৰু বাংলাদেশতো ইয়াৰ ব্যাপক প্ৰচলন দেখা যায়। অসমৰ সাহিত্য সংস্কৃতিৰ লগত ঢেঁকী ওত:প্ৰোত ভাৱে জড়িত হৈ আছে। ঢেঁকীৰ বিষয়ে অসমীয়া সমাজ জীৱনত প্ৰচলিত ফকৰা যোজনা বিধেই হ’ল ‘অচিন কাঠৰ থোৰা নলগাবা’। লক্ষ্মীনাথ বেজবৰুৱাই তেজীমলা সাধুত ঢেঁকীৰ উল্লেখ কৰিছে। অসমত প্ৰচলিত বিহু গীত সমূহতো ঢেঁকীৰ উল্লেখ পোৱা যায়। গঠন ঢেঁকীৰ বিভিন্ন অংশক বিভিন্ন নামেৰে জনা যায়। অঞ্চল আৰু জনগোষ্ঠীয় সমাজভেদে এই অংশবিলাকৰ নাম ভিন্ন হোৱা দেখা যায়। প্ৰায় পাঁচ হাত মান দীঘল আয়তাকাৰ কাঠৰ টুকুৰাৰ আগফালে এটা ফুটা কৰি তাত ভাল কাঠৰ দীঘলীয়া টুকুৰা এডাল লগোৱা হয়, যাক ঢেঁকীথোৰা বোলা হয়। এই থোৰা ডাল সাধাৰণতে মজবুত কাঠৰ হ’ব লাগে। থোৰাটোৰ একেবাৰে মূৰত আঙুঠি সদৃশ এডোখৰ লো লগোৱা থাকে যাক গুল বুলি কোৱা হয়। থোৰাটোৱে য'ত ধান খুন্দে তাক খুবলি বোলা হয়। ঢেঁকীৰ একেবাৰে পাছফালৰ যিখিনি অংশ ভৰিৰে ব্যৱহাৰ কৰা হয় সেই অংশক ঢেঁকী নেজ বোলে সেইখিনিৰ পৰাই অলপ আঁতৰতে এডাল শলাৰে ঢেঁকীৰ ভাৰসাম্য ৰক্ষা কৰা হয় যাক আকৰ শলা ,আখল শলা বা বা মলুৱা বাৰি বুলি কোৱা হয়। এই শলা ডাল দুয়োফালে দুযোৰ আকৃতিৰ সৰু কাঠৰ বা বাঁহৰ কলি কটা খুটাত বহুৱাই ৰখা হয় এই খুটা যোৰক কঁতৰা বোলা হয়। ইয়াৰ উপৰি মূল ঢেঁকীৰ অংশ নহ'লেও গুৰি কৰি থকা অংশখিনি খুবলিত ওলোৱা-সোমোৱা কৰিবলৈ এডাল দীঘল মাৰি অকলশৰীয়া ঢেঁকী দিওঁতা জনে ব্যৱহাৰ কৰে, যাক বঢ়নি মাৰি বোলে। আনহাতে, সান্দহ, চিৰা আদি খুচৰিবলৈ ব্যৱহাৰ কৰা চেপেটা মাৰি ডালক ৰা বাৰি বা উখনি মাৰি বোলা হয়। ঢেঁকী নেজৰ সৈতে বন্ধা চালিৰ জৰী ডালক ঢেঁকী জৰী বোলে। ঢেঁকী দিওঁতে ভাৰসাম্য ৰাখিবলৈ হাতেৰে ধৰা জৰী ডালক সতিনী জৰী বোলা হয়। ঢেঁকী সজাৰ জোখ-মাখ মূল ঢেঁকীটোৰ দৈৰ্ঘ্য ৭ ফুটৰ পৰা ৯ ফুট। ঢেঁকীটোৰ ভৰি দিয়া অংশৰ পৰা শলখাদালৰ দৈৰ্ঘ্য প্ৰায় ৩ ফুট। শলখাডাল কঁতৰাটোৰ বা কস্তুৰাটোৰ মাজেদি সোমাই আহে শলখাডাল ধৰি ৰখা সামগ্ৰী)। সেই শলখাডালৰ দৈৰ্ঘ্য ১৯/২০ ইঞ্চি। শলখাডালক আকৰ শলা বা আখল শলা বুলি কোৱা হয়। আখল শলা ধৰি ৰখা কঁতৰাটো কাঠৰ বা ভলুকা বাঁহৰ হ'লে ভাল। ঢেঁকীটোৰ মূৰৰ অংশৰ ফালৰপৰা থোৰাটোলৈ দূৰত্ব প্ৰায় ২৬ ইঞ্চি। থোৰাটোৰ দৈৰ্ঘ্য প্ৰায় ২ ফুট। থোৰাটোৰ খুবলিত সোমোৱা মূৰটোত এটা লোৰ মেৰ দিয়া হয়। তাক গুল বা খামা বুলি কোৱা হয়। গুলৰ ব্যাস প্ৰায় ৪ বা ৫ ইঞ্চি। গুলটোৰে য'ত ধান খুন্দে তাক খুবলি বুলি কোৱা হয়। ই গাৰিশলিটোত থকা এটা সৰু গাঁত। তাত ঢেঁকীথোৰাৰ মূৰটো প্ৰায় ছয় ইঞ্চি মান সোমায়। গাৰিশলিটো শাল, কঁঠাল বা আজাৰ কাঠেৰে সজা হয়। ব্যৱহাৰ পূৰ্বতে বহুতেই ধান, যৱ, ঘেহু ইত্যাদি খুন্দি চাউল, আটা, চিৰা প্ৰস্তুত কৰিবলৈ ঢেঁকীৰ ব্যৱহাৰ কৰিছিল আধুনিক যুগত সেই কাম যন্ত্ৰৰ দ্বাৰা কৰা হয়। কিন্তু অতীজৰে পৰা বৰ্তমান সময়লৈকে চাউল খুন্দি পিঠাগুৰি তৈয়াৰ কৰা কাৰ্যত ইয়াক ব্যৱহাৰ কৰা হয়। ঢেঁকীৰ সৈতে জড়িত লোকাচাৰ ঢেঁকীৰ সৈতে যুক্ত কিছু সংখ্যক লোকাচাৰৰ প্ৰচলন অসমীয়া সমাজত আছে। যেনে: বিবাহ অনুষ্ঠানৰ অন্তৰ্গত লোকাচাৰ গাঁঠিয়ন খুন্দা-ত ঢেঁকী ব্যৱহৃত হয়। ঢেঁকীশাল লখিমীৰ বাসস্থান। নতুন কইনাই গৃহ-প্ৰৱেশ কৰোঁতে তেওঁক ঢেঁকীশাল দেখুওৱাৰ নিয়ম বহু সমাজত আছে। মাঘ বিহুৰ দিনা পুৱা বাৰীৰ লাগনী গছ, ঘৰৰ খুঁটা আদিৰৰ লগতে ঢেঁকীতো ধানখেৰ মেৰিয়াই বান্ধ দিয়া হয়। এই লোকাচাৰ মাঘ-বন্ধা হিচাপে জনাজাত। বতৰ খৰাং হ’লে কোনো এঘৰৰ পৰা সূৰুজমুখী ঢেঁকী (পূবা-পশ্চিমাকৈ পতা) ৰাতিটোৰ ভিতৰতে চুৰ কৰি নি ওভোটাই পুতি থৈ দিয়া হয়। এনে কৰিলে শীঘ্ৰে বৰষুণ হয় বুলি ভৱা হয়। তোলনী বিয়া অনুষ্ঠানত কেঁচা-পিঠাৰ বাবে অকুমাৰী ছোৱালীয়ে পিঠাগুৰি খুন্দি দিয়াৰ নিয়ম আছে। বিহুত, লখিমী বাৰ হিচাপে গণ্য কৰা বৃহস্পতিবাৰে, মৃতকৰ সকাম আদিত ঢেঁকীশাল মচি-কাচি পৰিষ্কাৰ কৰি ৰখা হয়। কোনো কোনো জনগোষ্ঠীৰ লোকে ঘৰত নতুনকৈ ঢেঁকীশাল স্থাপন কৰিলে তিনিগৰাকী বা পাঁচগৰাকী গোপিনীক নিমন্ত্ৰণ কৰি কল-পিঠা দিয়া অনুষ্ঠানৰ আয়োজন কৰে। লোকবিশ্বাস অসমৰ লোকজীৱনত ঢেঁকী আৰু ঢেঁকীশাল সম্পৰ্কীয় বহু বিশ্বাস প্ৰচলিত হৈ আহিছে। এনে কিছুসংখ্যক লোকবিশ্বাসৰ অন্তৰালত যুক্তিবাদী চিন্তা নিহিত হৈ থকা যেন লাগিলেও অধিকাংশ বিশ্বাস সৰল জনজীৱনৰ দৈনন্দিন অভিজ্ঞতাৰ পৰাই উদ্ভূত যেন লাগে। উদাহৰণ স্বৰূপে, একে কাঠেৰে ঢেঁকী, থোৰা, গাঁৰিশালি, কটৰা, শলা আৰু ৰান্ধনীশালত ব্যৱহৃত হেতা, তলীয়া পাগমাৰি তৈয়াৰ কৰি ল’লে গৃহস্থৰ ঘৰৰ লোকসকলৰ পেটৰ অসুখ নহয়। পৰম্পৰা অনুসৰি শিলিখা গছৰ কাঠেৰে ঢেঁকী তৈয়াৰ কৰা হয়। শিলিখা ঔষধি গুণসম্পন্ন বৃক্ষ হোৱা বাবে ইয়াৰে তৈয়াৰী আহিলাপাতি খাদ্য প্ৰস্তুতকৰণ কাৰ্যত ব্যৱহাৰ কৰিলে মানুহ ৰোগাক্ৰান্ত হোৱাৰ সম্ভাৱনা কম হয়। এয়া লোকজীৱনৰ দৈনন্দিন অভিজ্ঞতাৰ পৰা উদ্ভূত জ্ঞান। ঢেঁকী সম্পৰ্কীয় অন্যান্য বিশ্বাস সমূহ হৈছে সন্ধিয়া আৰু ভাত খোৱাৰ ঢেঁকীত ধান বানিব নাপায়। ঢেঁকীত খুন্দি প্ৰস্তুত কৰা খাদ্য সামগ্ৰীৰ কিছু অংশ নিজে খাব লাগে, অন্যথা গাৰ বিষ বা অন্য বেমাৰ-আজাৰ হ’ব পাৰে। ঢেঁকীত বহিলে পথাৰৰ ৰোৱা পোকে খায় বুলিও বিশ্বাস আছে। একক পৰিয়ালত আৰু একে চৰুতে ৰন্ধা-বঢ়া কৰি খোৱা যৌথ পৰিয়ালত দুটা ঢেঁকী থাকিলে গৃহস্থৰ সমৃদ্ধি সাধন নহয় বুলি থকা বিশ্বাসে সৰল লোকমনৰ দূৰদৰ্শী চিন্তাকে নিৰ্দেশ কৰে। কুলাৰ বুকুত চালনী, খুবলীৰ বুকুত থোৰা, ঢেঁকীৰ লগত বাঢ়নী মাৰি নথ’লে মাকৰ বুকুত সন্তান নাথাকে জাতীয় স্পৰ্শকাতৰ বিশ্বাসৰ প্ৰচলনো আমাৰ সমাজত আছে। অসমীয়া লোক-বিশ্বাসসমূহৰ ভিতৰত ঢেঁকী-নাঙল চুৰ কৰা প্ৰথা এটা অন্যতম। খৰাং বতৰত খেতিয়কসকলে এটোপাল বৰষুণৰ বাবে ইন্দ্ৰ দেৱতাৰ আশীৰ্বাদ বিচাৰি গাঁৱৰ যি ঘৰত পূবা পশ্চিমাকৈ ঢেঁকী থাকে (যাক ‘সূৰুয মুখী ঢেঁকী’ বোলা হয়), সেই ঢেঁকী চুৰ কৰি পথাৰ, নদীৰ পাৰৰ বালিত বা আন মুকলি ঠাইত ওপৰলৈ মূৰ কৰি থোৰাটো সূৰ্যৰ ফালে দি থিয়কৈ পুতি ৰাখে। প্ৰবাদ মতে, ঢেঁকীক ইন্দ্ৰ দেৱতাই দেখিব নোৱাৰে। সেয়েহে ঢেঁকীক মাৰিবলৈ ইন্দ্ৰই বজ্ৰ প্ৰয়োগ কৰে। এই বজ্ৰ মেঘৰ দ্বাৰা সৃষ্টি হয় আৰু আকাশত মেঘ আহিলেই বৰষুণ হয়। ইয়াক কিছুমান লোকে ঢেঁকী পোতা নাম দিয়ে। কিছু পৌৰাণিক উপকথাৰ মতে ভগৱান শ্ৰী বিষ্ণুৰ পৰম ভক্ত তথা ভগৱান শ্ৰী ব্ৰহ্মদেৱৰ মানস পুত্ৰ দেৱৰ্ষি নাৰদৰ বাহন হৈছে ঢেঁকী। প্ৰবাদ মতে এই ঢেঁকীৰ ওপৰতেই উঠি হেনো নাৰদে স্বৰ্গ-মৰ্ত্য-পাতাল এই তিনিও লোক ভ্ৰমণ কৰি ফুৰিছিল। লোক সাহিত্যত ঢেঁকী ঢেঁকী সম্পৰ্কীয় বহু প্ৰবচন, যোজনা-পটন্তৰৰ প্ৰচলন আমাৰ সমাজত আছে। যেনে: ‘ঢেঁকীয়ে স্বৰ্গলৈ গ’লেও ধান বানে’, ‘মাকতকৈ জীয়েক কাজী, ঢেঁকীথোৰাৰে বটে পাঁজি’ আদি। সাধুকথাতো ঢেঁকীৰ উল্লেখ পোৱা যায়। যেনে: মাহীমাকে ঢেঁকীশালত তেজীমলাক ঢেঁকী দিবলৈ লগাই খুন্দি পেলোৱাৰ কথা বুঢ়ী আইৰ সাধুত পোৱা যায়। ‘এদঁতীয়া হাতী, ধান খায় পাচি পাচি’ৰ দৰে সাঁথৰৰ সৃষ্টি ঢেঁকীক লৈয়েই হৈছে। ইয়াৰ উপৰিও বিহুনাম বিলাকতো ঢেঁকী আৰু ঢেঁকীৰ সৈতে জড়িত কাম-কাজৰ উল্লেখ পোৱা যায়। যেনে: নৈত গুমেগুমাই কোম্পানীৰ জাহাজ ঐ, ঢেঁকীত গুমেগুমাই থোৰা....... ঢেঁকী দি থাকোঁতে তোলৈ মনত পৰে বাঢ়ণি হাতত লৈ কান্দো........ আৰৈ ধান লেচিয়া বানিবি কেতিয়া কুলাতকৈ চালনি ঘন.......... ঢেঁকীৰ লগত নাৰী সমাজৰ সম্পৰ্ক পূৰ্বতে কৃষিজীৱি পৰিয়ালত দৈনিক ব্যৱহৃত চাউল প্ৰতিদিনে গৃহিনীসকলে ঢেঁকীত ধান বানি উলিয়াই থোৱাৰ নিয়ম আছিল। বিহু, বিয়া-বিবাহৰ সময়ত ঢেঁকীশালত নাৰীসকলৰ ব্যস্ততা বাঢ়ে। বিধে বিধে জা-জলপান খুন্দি তেওঁলোকে ৰান্ধনিশালৰ চাং-হেন্দালি ভৰাই থয়। পটু গৃহিনীসকলে উৎসৱ পাৰ্বনৰ বাহিৰে অন্য সময়তো চেগ বুজি জা-জলপান খুন্দি থয়। ঘৰৰ সকলোকে নানা বিধৰ জা-জলপান যতনাই দিয়াৰ উপৰি তাৰে আলহী অতিথিৰ আপ্যায়নো কৰে। আইনাম, বিয়ানাম, বিহুনাম গুণগুণাই জীয়াৰী বোৱাৰীয়ে মন মুকলি কৰাৰো সুযোগ ঢেঁকীশালতে পায়। আইনাম, বিয়ানামৰ দৰে অসমীয়া লোক সাহিত্যৰ সৃষ্টি হয়তো অনাখৰী নাৰীসকলৰ মুখত ঢেঁকীশালতেই হৈছিল। ঢেঁকী আছিল অতীজত নাৰীসমাজত শাৰীৰিক ব্যায়ামৰ আহিলা, ঢেঁকীশালখন এক ব্যায়ামাগাৰ। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ অসমৰ সংস্কৃতি
1650
https://as.wikipedia.org/wiki/%E0%A6%A4%E0%A7%87%E0%A6%9C%E0%A6%AA%E0%A7%81%E0%A7%B0
তেজপুৰ
তেজপুৰ শোণিতপুৰ জিলাৰ এখন প্ৰধান নগৰ আৰু সদৰ। ই গুৱাহাটীৰ ১৭৯ কিলোমিটাৰ পূবত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে অৱস্থিত। তেজপুৰৰ দ-পৰ্বতীয়াৰ শৈল দ্বাৰ, অগ্নিগড়, চিত্ৰলেখা উদ্যান, জ্যোতি ভাৰতী আদি ঐতিহাসিক স্মৃতিচিহ্নৰ কাৰণেও বিখ্যাত। তেজপুৰ নামৰ উৎপত্তি তেজপুৰ তেজপুৰ নামটোৰ ঐতিহাসিক কাহিনী এনেধৰণৰ। এসময়ত তেজপুৰত বাণ নামৰ এজন শিৱভক্ত অসুৰ ৰজাই ৰাজত্ব কৰিছিল। বাণ ৰজাৰ জীয়ৰী ঊষাৰ সৌন্দৰ্য্য আছিল জগত বিখ্যাত। সেয়ে তেওঁৰ সুৰক্ষাৰ কাৰণে দেউতাকে অগ্নিগড় নামে এটা অগ্নিৰ দ্বাৰা আবৃত দুৰ্ভেদ্য দুৰ্গৰ ভিতৰত কঠোৰ প্ৰহৰাৰ মাজত ৰাখিছিল। এদিন ৰাতি সপোনত ঊষাই এজন সুদৰ্শন ৰাজকোঁৱৰক দেখা পায় আৰু প্ৰেমত পৰে। প্ৰিয় সখী, চিত্ৰশিল্পী চিত্ৰলেখাই সখীৰ বিৰহ বেদনা দূৰ কৰিবলৈ তেওঁৰ বৰ্ণনা ক্ৰমে ৰাজকোঁৱৰৰ চিত্ৰ আঁকিলে। অনুসন্ধান কৰি গম পোৱা গ'ল যে সেই কোঁৱৰজন বাণৰজাৰ শত্ৰু, দ্বাৰকাৰ ৰজা, ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ। চিত্ৰলেখাৰ জৰিয়তেই দুয়োৰে মাজত প্ৰত্যক্ষভাৱে প্ৰেমৰ সম্পৰ্ক স্থাপিত হয় আৰু দুয়ো গন্ধৰ্ব প্ৰথামতে বিবাহপাশত আৱদ্ধ হয়। বাণ ৰজাই খঙতে অনিৰুদ্ধক বন্দী কৰি ৰাখে। নাতিয়েকক উদ্ধাৰ কৰিবলৈ আহি শ্ৰীকৃষ্ণই বাণৰ লগত যুদ্ধত প্ৰবৃত্ত হয়। বানৰজাক সহায় কৰিবলৈ তেওঁৰ ইষ্টদেৱ ভগবান শিৱইও যুদ্ধত লিপ্ত হয়। কৃষ্ণসেনা আৰু সমানেই শক্তিশালী শিৱসেনাৰ মাজত হোৱা এই অভূতপূৰ্ব ভয়ংকৰ যুদ্ধ দেখি ত্ৰিভূবন ত্ৰস্তমান হৈ পৰে। অৱশেষত যুদ্ধৰ প্ৰাবল্যত সৃষ্টি নাশহোৱাৰ উপক্ৰম দেখি বিশ্বৰ সকলো ঋষি, মুনি আৰু দেবগণৰ কাতৰ উপাসনাত দুইজন দেৱতা ক্ষান্ত হয় আৰু যুদ্ধ সম্বৰণ কৰে। বাণৰজায়েও নিজৰ ভুল উপলব্ধি কৰি ঊষাক অনিৰুদ্ধলৈ বিয়া দিয়ে। লোককথামতে 'হৰি-হৰ যুদ্ধ' (হৰি:কৃষ্ণ, হৰ: শিৱ) বুলি জনাজাত দুই প্ৰবল প্ৰতাপী দেৱতাৰ এই ৰক্তক্ষয়ী যুদ্ধত ইমানেই মানুহৰ মৃত্যু হৈছিল যে যুদ্ধক্ষেত্ৰত হেনো তেজৰ ঢল যেন উঠিছিল। সেয়ে কালক্ৰমত এই স্থান তেজপুৰ বা শোণিতপুৰ বুলি (তেজৰ/শোণিতৰ নগৰ) পৰিচিত হৈ পৰে। কলা, সংস্কৃতি, সাহিত্য তেজপুৰ কলা, সংস্কৃতি, সাহিত্য আৰু প্ৰাকৃতিক সম্পদৰ ফালৰ পৰা অতি মনমোহা নগৰ। ইয়াতেই অসমীয়া সাহিত্যৰ বহুকেইজন বিশিষ্ট ব্যক্তিৰ জন্ম হয়। অসমৰ প্ৰথমটো বাদ্যযন্ত্ৰীৰ দলে ১৯০৭ চনত তেজপুৰতে জন্মলাভ কৰে। অসমৰ প্ৰথমটো আধুনিক ৰংগ মঞ্চ বাণ ৰঙ্গমঞ্চ ১৯০৬ চনত আৰু অসমৰ প্ৰথমখন সংগীত বিদ্যালয় জ্যোতিকলা কেন্দ্ৰ ১৯৪০ চনত ইয়াতেই স্থাপিত হয়। অসমৰ জাতীয় সংগীত "অ’ মোৰ আপোনাৰ দেশ" প্ৰথমবাৰৰ বাবে সুৰাৰোপিত কৰি তেজপুৰতে গোৱা হৈছিল। "ৰূপকোঁৱৰ"জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰতেই প্ৰথম অসমীয়া চলচ্চিত্ৰ 'জয়মতী'ৰ সকলো কাম সম্পাদনা কৰে। আনহাতে শোণিতপুৰ জিলাৰ অন্তৰ্গত 'গহপুৰ'আৰক্ষী চকীত ১৯৪২ চনত ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ গৈ আৰক্ষী চকীৰ ওপৰত ত্ৰিৰংগ পতাকা উত্তোলন কৰি ১৪ বছৰীয়া কণকলতা বৰুৱা আৰক্ষীৰ গুলিত নিহত হয়। উল্লেখযোগ্য ব্যক্তি কেইজনমান উল্লেখযোগ্য ব্যক্তি নাম তলত উল্লেখ কৰা হ’ল। চন্দ্ৰ কুমাৰ আগৰৱালা আনন্দ চন্দ্ৰ আগৰৱালা দণ্ডিৰাম কলিতা কমলাকান্ত ভট্টাচাৰ্য্য বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা ফণী শৰ্মা লম্বোদৰ বৰা পদ্মনাথ গোহাঞি বৰুৱা চন্দ্ৰনাথ শৰ্মা দণ্ডিনাথ কলিতা হীৰাৱতী গোহাঞি বৰুৱা হেমচন্দ্ৰ বৰুৱা অমিয় কুমাৰ দাস লক্ষ্মীধৰ শৰ্মা গহণ চন্দ্ৰ গোস্বামী বিজয় চন্দ্ৰ ভাগৱতী গজেন বৰুৱা কণকলতা বৰুৱা সোমনাথ চেটাৰ্জী ত্ৰৈলোক্য ভট্টাচাৰ্য্য কমলা প্ৰসাদ আগৰৱালা প্ৰফুল্ল বৰা উল্লেখযোগ্য ঠাই তেজপুৰ নগৰৰ কেইখনমান উল্লেখযোগ্য ঠাই: চিত্ৰলেখা উদ্যান অগ্নিগড় বামুণী পাহাৰ দ-পৰ্বতীয়াৰ শৈল দ্বাৰ পদুম পুখুৰী ত্ৰিমূৰ্তি উদ্যান হজৰা পুখুৰী জ্যোতি ভাৰতী নামেৰী ৰাষ্ট্ৰীয় উদ্যান বাণ ৰঙ্গমঞ্চ জিলা সংগ্ৰহালয়,তেজপুৰ ড॰ ভূপেন হাজৰিকা কলাভূমি উল্লেখনীয় মঠ-মন্দিৰ মহাভৈৰৱ মন্দিৰ:- অৱস্থিতি: তেজপুৰ চহৰৰ উত্তৰদিশত, দৰং মহাবিদ্যালয়ৰ সমীপত॥ ভৈৰৱী মন্দিৰ অৱস্থিতি: নতুন কলিবাৰীত ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ভৈৰৱী টিলাৰ ওপৰত॥ গণেশ মন্দিৰ:-অৱস্থিতি: ব্ৰহ্মপুত্ৰ নৈৰ পাৰত গণেশ ঘাটত। হনুমান মন্দিৰ:- অৱস্থিতি: ভৈৰৱী মন্দিৰৰ পূবে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত, গেৰেকী বান্দৰদেৱা পাহাৰৰ এটি সৰু টিলাৰ ওপৰত। কেতেকেশ্বৰ দেৱালয়:- অৱস্থিতি:কেতেকীবাৰী গাঁও, তেজপুৰ। শুক্লেশ্বৰ দেৱালয়:- অৱস্থিতি: গটঙা গাঁৱত, তেজপুৰৰ পৰা প্ৰায় ৬ কি:মি: আঁতৰত। সিদ্ধেশ্বৰ দেৱালয়:- অৱস্থিতি: তেজপুৰ চহৰৰ সমীপত, বামুণ চুবুৰীৰ পৰ্বতীয়া সাউদৰ পাৰ গাঁৱত। দক্ষিণা কালী মন্দিৰ:- অৱস্থিতি: তেজপুৰ চহৰৰ উত্তৰদিশত, দৰং মহাবিদ্যালয়ৰ সন্মুখত। ৰুদ্ৰপদ দেৱালয়:- অৱস্থিতি: তেজপুৰ চহৰৰ পৰা ৮ কি:মি: নিলগত, ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ভোমোৰাগুৰি টিলাৰ ওপৰত। নিকামূল সত্ৰ:- অৱস্থিতি: তেজপুৰ চহৰৰ সমীপত, মাজগাঁও। চিপহা সত্ৰ:- অৱস্থিতি:কেতেকীবাৰী গাঁও, তেজপুৰ। বৰালিমৰা সত্ৰ:- অৱস্থিতি: দআটি গাঁও, তেজপুৰ। শ্ৰী শ্ৰীসত্যনাৰায়ণ মন্দিৰ:- অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত, জে.বি ৰোডত। টিঙ্গেশ্বৰ দেৱালয়:- অৱস্থিতি: তেজপুৰৰ পৰা প্ৰায় ৪ কি:মি: নিলগত পশ্চিম দক্ষিণ দিশত। লক্ষ্মীনাৰায়ণ মন্দিৰ:- অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজ, কণকলতা অসামৰিক চিকিৎসালয়ৰ সমীপত। হলেশ্বৰ দেৱালয়:- অৱস্থিতি: তেজপুৰৰ পৰা প্ৰায় ৯ কি:মি: নিলগত। হুদুপৰা থান:- অৱস্থিতি: দেউৰী গাঁও, তেজপুৰ। হেংগুলেশ্বৰ দেৱালয়:- অৱস্থিতি: তেজপুৰ চহৰৰ পশ্চিমে, ভৈৰৱপুৰ মৌজাত। কামৰূপীয়া নামঘৰ:- অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত। নাগশংকৰ মন্দিৰ:- অৱস্থিতি: তেজপুৰৰ পৰা প্ৰায় ৫৮ কি:মি: নিলগত, নাগশংকৰ মৌজাত। কলিয়া গোঁসাইৰ থান:-অৱস্থিতি: বালিপাৰা, মানশিৰি নৈৰ পাৰত। বুঢ়াগোসাঁই থান:- অৱস্থিতি: প্ৰতাপগড় চাহ বাগিচাৰ সমীপত। গুপ্তেশ্বৰ মন্দিৰ:- অৱস্থিতি: ঢেকীয়াজুলীৰ পৰা প্ৰায় ১২ কি:মি: নিলগত, শিঙৰি টিলাৰ পশ্চিম দক্ষিণ দিশত। চাৰিদুৱাৰৰ বুঢ়াগোসাঁই থান:- চাৰিদুৱাৰ। ধ্বান্দি বা ধেন্দাই দ’ল:-অৱস্থিতি: বিশ্বনাথ চাৰিআলিৰ সমীপৰ কলাবাৰী মৌজাত। বুঢ়া গোসাঁই দেৱালয়:- অৱস্থিতি: জামুগুৰিহাটৰ পৰা প্ৰায় ডেৰ কিলমিটাৰ নিলগত। নিজ বৰচলা মন্দিৰ:- অৱস্থিতি: বৰচলা গাঁও, নিজ বৰচলা। বিশ্বনাথ ক্ষেত্ৰ অৱস্থিতি: বিশ্বনাথ চাৰিআলি। ফুলবাৰী দেৱালয় অৱস্থিতি: বিশ্বনাথ চাৰিআলিৰ সমীপৰ কলাবাৰীত। শ্ৰী চৈতন্য গৌড়ীয় মঠ অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত। গুৰুদ্বাৰ:- অৱস্থিতি: কুমাৰগাঁও, তেজপুৰ। ৰামকৃষ্ণ সেৱাশ্ৰম অৱস্থিতি: পাৱাৰ হাউচৰ পশ্চিমে, পদুম পুখুৰীৰ সমীপত এটি টিলাৰ ওপৰত। মছজিদ অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত। গিৰ্জা ছাৰ্চ এফিটেনী অৱস্থিতি: নেহৰু ময়দানৰ দক্ষিণ দিশত, তেজপুৰ। শলগুৰি সত্ৰ অৱস্থিতি: জামুগুৰিৰ শলগুৰি গাঁও। কৰতিপাৰ সত্ৰ:- অৱস্থিতি: জামুগুৰিহাট। বৰালিমৰা সত্ৰ অৱস্থিতি: তেজপুৰৰ দআটি গাঁও। আঁহতগুৰি সত্ৰ অৱস্থিতি: জামুগুৰিহাটৰ কাষৰ হাতিঙা গাঁও। শৈক্ষিক প্ৰতিষ্ঠান বিশ্ববিদ্যালয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় মহাবিদ্যালয় দৰং মহাবিদ্যালয় তেজপুৰ চহৰৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল দৰং মহাবিদ্যালয়। মহাবিদ্যালয়খনি স্থাপিত হয় ১৯৪৫ খ্ৰীষ্টাব্দত। প্ৰতিষ্ঠাপক অধ্যক্ষ কামাখ্যা প্ৰসাদ ত্ৰিপাঠী আছিল। তেজপুৰ চিকিৎসা মহাবিদ্যালয় তেজপুৰ মহাবিদ্যালয় অগ্নি গড়ৰ নিচেই ওচৰত অৱস্থিত। তেজপুৰ আইন মহাবিদ্যালয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয় তেজপুৰ আইন মহাবিদ্যালয় বি.টি. কলেজ উচ্চ মাধ্যমিক/উচ্চতৰ মাধ্যমিক বিদ্যালয় তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয় তেজপুৰ একাডেমি তেজপুৰ চৰকাৰী উচ্চ মাধ্যমিক বেংগলী বালক বিদ্যালয় তেজপুৰ চৰকাৰী উচ্চ মাধ্যমিক বেংগলী কন্যা বিদ্যালয় চেক্ৰেড হাৰ্ট স্কুল, তেজপুৰ পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয় পাঁচমাইল কন্যা বিদ্যালয় পাঁচমাইল জাতীয় বিদ্যালয় শিক্ষা জ্যোতি বিদ্যালয় পাঁচমাইল হাই মাদ্ৰাছা ডন বস্ক হাই স্কুল কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, ঢেকিয়াজুলি কাৰিকৰী শৈক্ষিক প্ৰতিষ্ঠান ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান আই টি আই গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, তেজপুৰ অন্যান্য শৈক্ষিক প্ৰতিষ্ঠান জ্যোতিকলা কেন্দ্ৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান ইত্যাদি। চিকিৎসা সেৱা প্ৰতিষ্ঠান তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কণকলতা অসামৰিক চিকিৎসালয় আৰ্মি বেচ হস্পিটাল মিশ্যন হস্পিটাল বা ব্যপিষ্ট খ্ৰীষ্টান হস্পিটাল, তেজপুৰ চিত্ৰ ভঁৰাল তথ্য সংগ্ৰহ বাহ্যিক সংযোগ অসমৰ নগৰ-মহানগৰ