id
stringlengths
4
5
url
stringlengths
34
558
title
stringlengths
2
62
text
stringlengths
3.52k
77k
64433
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A7%81%E0%A6%B6%E0%A6%B2%20%E0%A6%95%E0%A7%8B%E0%A6%81%E0%A7%B1%E0%A7%B0%20%E0%A6%B6%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE
কুশল কোঁৱৰ শৰ্মা
কুশল কোঁৱৰ শৰ্মা এগৰাকী ভাৰতীয় পশু চিকিৎসক আৰু হাতী বিশেষজ্ঞ। বন্যপ্ৰাণীৰ চিকিৎসা আৰু এছীয় হাতীৰ সংৰক্ষণলৈ তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছে। তেওঁ “হাতী ডাক্তৰ” নামেৰে জনপ্ৰিয়ভাৱে পৰিচিত আৰু "এছিয়াৰ হস্তীমানৱ" উপাধিৰে বিভূষিত। ডাঃ শৰ্মাই বৰ্তমানলৈ প্ৰায় ৭ হাজাৰৰো অধিক হাতীৰ চিকিৎসাৰ লগতে প্ৰায় ২০০ৰো অধিক বনৰীয়া হাতীক বশ কৰিছে। ৩২ বছৰৰ পৰা ডাঃ শৰ্মাই এটাও সাপ্তাহিক ছুটী নোলোৱাকৈ প্ৰতিবছৰে ৭০০টা হাতী, বন্য আৰু উদণ্ড ষাঁড়ৰ চিকিৎসা কৰে। শৰ্মাই সমগ্ৰ উত্তৰ-পূবত ৰিমৰ্ট ট্ৰেংকুলাইজড ইনজেকশ্যনৰ কৌশল উদ্ভাৱন কৰিছিল। তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ২০২০ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ১৯৬১ চনৰ ১ মাৰ্চ তাৰিখে কামৰূপ জিলাৰ বৰমাত (বৰ্তমান বাক্সা জিলা) কুশল কোঁৱৰ শৰ্মাৰ জন্ম হয়। বিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁ ৰাষ্ট্ৰীয় জলপানি লাভ কৰিছিল। বৰমাৰ পৈতৃক ঘৰত তেওঁলোকৰ 'লক্ষ্মী' নামেৰে এজনী বৃদ্ধা হাতী আছিল। শিশু কুশল কোঁৱৰ শৰ্মায়ে হাতীজনীৰ লগত সময় কটাই ভাল পাইছিল। দুৰ্ভাগ্যবশত হাতীজনী গধুৰ বস্তু কঢ়িয়াই থাকোঁতে আঘাতপ্ৰাপ্ত হয়। পিতৃ আন চহৰত বদলি হোৱাৰ বাবে কুশল কুঁৱৰে পিছলৈ আইতাকৰ পৰা গম পালে যে উপযুক্ত চিকিৎসাৰ অভাৱত আঘাতপ্ৰাপ্ত হাতীজনীৰ মৃত্যু হয়। এই ঘটনায়ে তেওঁক এগৰাকী পশু চিকিৎসক তথা হস্তী বিশেষজ্ঞ হবলৈ প্ৰেৰিত কৰিছিল। তেওঁ ১৯৮৪ চনত গুৱাহাটীৰ খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত পশু চিকিৎসা মহাবিদ্যালয়ৰ পৰা সোণৰ পদকৰ সৈতে পশু চিকিৎসাৰ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ ১৯৮৭ চনত পশু শৈল চিকিৎসা আৰু ৰেডিঅ'লজি বিষয়ত স্নাতকোত্তৰ আৰু ১৯৯৪ চনত একে বিষয়তে চাকৰি কৰি থকা অৱস্থাত পি.এইছ.ডি. ডিগ্ৰী লাভ কৰে। কৰ্মজীৱন স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ১৯৮৭ চনত অসম কৃষি বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে। ২০০৬ চনত তেওঁ পশু শৈল চিকিৎসা আৰু ৰেডিঅ'লজি বিষয়ৰ অধ্যাপক পদত অধিষ্ঠিত হয়। ২০১২ চনৰ পৰা তেওঁ এই বিভাগৰ মুৰব্বীৰ পদত কাৰ্যনিৰ্বাহ কৰি আহিছে। ডাঃ শৰ্মাই বৰ্তমানলৈ প্ৰায় ৭ হাজাৰৰো অধিক হাতীৰ চিকিৎসাৰ লগতে প্ৰায় ২০০ৰো অধিক বনৰীয়া হাতীক বশ কৰিছে। ৩২ বছৰৰ পৰা ডাঃ শৰ্মাই এটাও সাপ্তাহিক ছুটী নোলোৱাকৈ প্ৰতিবছৰে ৭০০টা হাতী, বন্য আৰু উদণ্ড ষাঁড়ৰ চিকিৎসা কৰে। শৰ্মাই সমগ্ৰ উত্তৰ-পূবত ৰিমৰ্ট ট্ৰেংকুলাইজড ইনজেকশ্যনৰ কৌশল উদ্ভাৱন কৰিছিল। ডাঃ শৰ্মা "এছিয়াৰ হস্তীমানৱ" হিচাপে বহুলভাৱে স্বীকৃতি প্ৰাপ্ত আৰু তেওঁ বন্যপ্ৰাণীৰ স্বাস্থ্য যত্ন, ব্যৱস্থাপনা আৰু সংৰক্ষণৰ ওপৰত কৰা কামৰ বাবে বিশ্বব্যাপী ভাৱে জনাযায়। এই ক্ষেত্ৰত তেওঁ প্ৰদান কৰা সেৱাই বিশ্বব্যাপী সহস্ৰাধিক বনৰীয়া জীৱ-জন্তুৰ জীৱন ৰক্ষা কৰিছে। তেওঁৰ নিৰালস্য প্ৰচেষ্টাৰ ফলত ভাৰতত বনৰীয়া জন্তুৰ স্বাস্থ্যযত্ন আৰু সংৰক্ষণৰ প্ৰতি দৃষ্টিকোণত এক উল্লেখযোগ্য পৰিৱৰ্তন হৈছে, বিশেষকৈ এছিয়ান হাতী আৰু এশিঙীয়া গঁড় সংৰক্ষণত তেওঁৰ ভূমিকা অতুলনীয়। ডাঃ শৰ্মায়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক আলোচনীত ১৫০ৰো অধিক গৱেষণা পত্ৰ লিখিছে। তদুপৰি তেওঁ ৭খন গ্ৰন্থৰ লেখক আৰু ৬খন গ্ৰন্থৰ সহ-লেখক। বৰ্তমানলৈ তেওঁৰ তত্ত্বাৱধানত পশু চিকিৎসা বিজ্ঞানত পি.এইচ.ডি আৰু এম.ভি.এছ.চি.ত ৪৫জন শিক্ষাৰ্থীয়ে ডিগ্ৰী লাভ কৰিছে। তেওঁ বিভিন্ন ইংৰাজী বা স্থানীয় আলোচনীত ১০০ৰো অধিক জনপ্ৰিয় লেখা প্ৰকাশ কৰিছে। বঁটা আৰু সন্মান ডাঃ কুশল কোঁৱৰ শৰ্মায়ে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। ১৯৮৪ চনত তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদক লাভ কৰি পশু চিকিৎসাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১৯৯৭ চনত তেওঁ ভাৰতীয় পশু চিকিৎসা সংস্থাৰ পৰা সন্মানীয় ড॰ এছ.জে. এঞ্জেল' স্বৰ্ণ পদক লাভ কৰিছিল। ২০১২ চনত তেওঁক অসমৰ মুখ্যমন্ত্ৰীয়ে জনবসতিপূৰ্ণ অঞ্চলত মুক্ত বিচৰণ কৰা গঁড়ৰ উদ্ধাৰৰ বাবে 'উৎকৃষ্টতাৰ বঁটা' প্ৰদান কৰিছিল। ২০১২ চনত তেওঁ ইণ্ডিয়ান ছ'চাইটি ফৰ ভেটেনেৰী চাৰ্জাৰী আৰু ২০২০ চনত ইণ্ডিয়ান ছ'চাইটি অফ এনিমেল প্ৰডাক্টচন এণ্ড মেনেজমেণ্টৰ সন্মানীয় সভ্য নিৰ্বাচিত হয়। ডাঃ শৰ্মায়ে এছিয়ান হাতী সংৰক্ষণ, স্বাস্থ্য আৰু কল্যাণৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ২০১৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৰ্থ কেৰলীনা ষ্টেট বিশ্ববিদ্যালয়ৰ পৰা স্বীকৃতিৰ প্ৰমাণপত্ৰ লাভ কৰে কৰিছে। ২০১৮ চনত অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে তেওঁক 'উৎকৃষ্টতা বঁটা' প্ৰদান কৰিছিল আৰু "এলিফণ্ট মেন অৱ এছিয়া" উপাধিৰে সন্মানিত কৰিছিল। পশু চিকিৎসাৰ ক্ষেত্ৰখনলৈ তেওঁৰ অৱদানক সন্মান জনোৱাবাবে ভাৰত চৰকাৰে তেওঁক ২০২০ চনত পদ্মশ্ৰী প্ৰদান কৰে। তথ্য উৎস অসমৰ ব্যক্তি পশু চিকিৎসক পদ্মশ্ৰী বঁটা
32546
https://as.wikipedia.org/wiki/%E0%A6%AF%E0%A7%8B%E0%A7%B0%E0%A6%B9%E0%A6%BE%E0%A6%9F%20%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC%20%28%E0%A6%8F%E0%A6%95%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%A4%29
যোৰহাট মহাবিদ্যালয় (একত্ৰিত)
যোৰহাট মহাবিদ্যালয় (একত্ৰিত) যোৰহাট নগৰৰ মাজমজিয়াত অৱস্থিত কেৱল কলা শাখাৰ এখন স্নাতক মহাবিদ্যালয়। ইয়াত ছাত্ৰ-ছাত্ৰী উভয়ৰে পঢ়াৰ সুবিধা আছে। ১৯৬২ চনতে স্থাপিত যোৰহাট মহাবিদ্যালয় আৰু নতুন যোৰহাট মহাবিদ্যালয় নামৰ দুখন মহাবিদ্যালয়ে ১৯৭০ চনত একত্ৰীকৰণৰ জৰিয়তে নাম পায় যোৰহাট মহাবিদ্যালয় (একত্ৰিত)। ১৯৭১ চনত মহাবিদ্যালয়খন চৰকাৰী ঘাটি মঞ্জুৰীৰ অধীনলৈ আহে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয়খন ইতিপূৰ্বে বিশ্ববিদ্যালয় অনুদান আয়োগ বিধিৰ ২ (এফ) আৰু ১২ (বি) অনুচ্ছেদৰ অধীনত অন্তৰ্ভুক্ত হ’বলৈ সক্ষম হৈছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদৰ দ্বাৰা পুনৰ মূল্যায়িত তথা প্ৰত্যায়িত হৈছে। ইয়াত অসমীয়া, অৰ্থনীতি, শিক্ষা, ইংৰাজী, বুৰঞ্জী, দৰ্শন, ৰাজনীতি বিজ্ঞান আৰু সমাজ শাস্ত্ৰ এই আঠোটা বিষয়ত উচ্চ মান পাঠ্যক্ৰম )ৰ সুবিধা আছে। ইয়াৰ ওপৰঞ্চিভাৱে এটা আত্ম-নিৰ্ভৰ কম্পিউটাৰ পাঠ্যক্ৰমো (অফিচ, ডি.টি.পি.) চলাই থকা হৈছে। তদুপৰি “কেৰিয়াৰ কাউঞ্চেলিং এণ্ড এণ্ট্ৰাপ্ৰেনিউৰশ্বিপ মেণ্ট চে’ল”ৰ তত্ত্বাৱধানত সময়ে সময়ে বিভিন্ন বৃত্তিমুখী পাঠ্যক্ৰমৰ প্ৰশিক্ষণ দিয়া হয়। ইতিহাস ১৯৬০-৬১ চনত প্ৰথমতে জগন্নাথ বৰুৱা কলেজৰ নৈশ শাখাত পঢ়ি থকা ছাত্ৰই অনুভৱ কৰিছিল যে, নৈশ শাখাৰ ছাত্ৰসকলে দিনৰ শাখাৰ ছাত্ৰসকলৰ তুলনাত ভালেমান বিষয়ত পাছ পৰি থাকে। তেওঁলোকৰ সুকীয়া কমনৰুম নাছিল। শিক্ষকৰ ভিতৰতো একাংশই দিনৰ ভাগত আন কলেজত কাম কৰি, গধূলি ভাগত আহি শ্ৰেণীৰ কোঠাত সোমাইছিল আৰু সন্ধ্যা বেছি হোৱাৰ কাৰণে লগে লগে ঘৰলৈ উলটি যাবলৈ আগ্ৰহী হৈ পৰিছিল। সেয়েহে এচাম পুৰণি ছাত্ৰই সুকীয়াকৈ এখন কলা বিষয়ৰ কলেজ বিচাৰিছিল। নৈশ শাখাৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়া সকলে নিজৰ ভিতৰতে আলোচনা কৰি এখন কেৱল কলা বিষয়ৰ কলেজ পতাৰ কথা ইচ্ছা প্ৰকাশ কৰিছিল। ১৯৬১ চনৰ পূজাৰ বন্ধত শংকৰদেৱ চেমিনাৰী সভাৰ আয়োজন কৰা হৈছিল। সেই সভাতে ‘যোৰহাট কলেজ’ নাম দি নতুন কলেজ স্থাপন কৰাৰ কথা সিদ্ধান্ত লোৱা হৈছিল। ১৯৬২ চনত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত ‘যোৰহাট কলেজ’ৰ প্ৰস্তুতিৰ সভাখন অনুষ্ঠিত হৈছিল। যি উদ্দেশ্য আৰু শিক্ষাৰ আশাৰ পোহৰেৰে সভাখনৰ আয়োজন কৰা হৈছিল, সেই সভাত উদ্দেশ্য আৰু লক্ষ্যৰ বিষয়ে সদস্যসকলৰ মাজত মতানৈক্য হৈ নতুন কলেজ গঠন কলিতে কেৰোণ লাগিল। উদ্দেশ্য মৰহি নগ’ল যদিও সেই সভাতে দুখন মহাবিদ্যালয় গঠনৰ প্ৰস্তুতি আৰম্ভ হ’ল। এটা দলৰ নেতৃত্ব দিলে সেই সময়ৰ যুৱনেতা দুলাল চন্দ্ৰ বৰুৱা আৰু আনটো দলৰ নেতৃত্বত থিয় দিলে বিশিষ্ট চাহ খেতিয়ক ডাঃ নীলকমল বেজবৰুৱা। সেই সভাতে জন্ম হ’ল দুলাল চন্দ্ৰ বৰুৱাৰ নেতৃত্বত ‘যোৰহাট কলেজ’ আৰু ডাঃ বেজবৰুৱাৰ নেতৃত্বত গঠন হ’ল এটি নতুন শৈক্ষিক সংগঠন যোৰহাট এডুকেশ্যন ছ’চাইটি। 'এই শৈক্ষিক সংগঠনে নিউ যোৰহাট কলেজ নামৰ আন এখন মহাবিদ্যালয় স্থাপন কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছিল। ১৯৬৩ চনত দুয়োখন মহাবিদ্যালয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰিছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয় স্থাপন হোৱাৰ পিছত নিয়ম অনুসৰি দুয়োখন মহাবিদ্যালয় সেই বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হৈছিল। যোৰহাট কলেজ পূৰ্বৰ উদ্দেশ্য আৰু লক্ষ্য ৰাখি যোৰহাট কলেজ নৈশ মহাবিদ্যালয় হিচাপে গঠন হ’ল। চাকৰিয়াসকলৰ সুবিধাৰ্থে কেৱল কলা বিভাগকহে পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হ’ল। যাৱতীয় কাম-কাজৰ বাবে মালৌ আলিৰ প্ৰবীণ শৰ্মাৰ বাসভৱনতে কাৰ্যালয় পতা হৈছিল। যোৰহাট কলেজৰ পাঠদানৰ বাবে শ্ৰেণী বা কাৰ্যালয়ৰ স্থানৰ বাবে সমস্যাৰ সৃষ্টি হৈছিল। শেষত যোৰহাট চৰকাৰী হাইস্কুলৰ সমীপতে থকা, পৰিচালনা সমিতিৰ উপ-সভাপতি দেৱানন্দ ভৰালীৰ ‘ভকেশ্যনেল কলেজিয়েট হাইস্কুল’তে মহাবিদ্যালয়ৰ পাঠদানৰ ব্যৱস্থা কৰা হৈছিল। প্ৰথম বছৰতে বিশ্ববিদ্যালয় আৰু স্নাতকৰ প্ৰথম বাৰ্ষিকৰ নৈশ শাখা আৰম্ভ হয়। কেইগৰাকীমান ছাত্ৰৰে আৰম্ভ কৰা মহাবিদ্যালয়খনত ইংৰাজী, অসমীয়া, অসমীয়া (দ্বিতীয় ভাষা), অৰ্থনীতি বুৰঞ্জী, শিক্ষা, ৰাজনীতি বিজ্ঞান আৰু তৰ্ক শাস্ত্ৰ বা দৰ্শন বিষয় অন্তৰ্ভুক্ত কৰা হৈছিল। নৈশ মহাবিদ্যালয়ত চাকৰিয়াল শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাত, ১৯৬৪ চনত বেজবৰুৱা হাইস্কুললৈ স্থানান্তৰিত কৰা হয়। প্ৰসংগক্ৰমে উল্লেখ কৰা হ’ল যে মহাবিদ্যালয়খনত বিভিন্ন বিষয়ত পাঠদান কৰিবলৈ স্ব-ইচ্ছাৰে আগবাঢ়ি আহিছিল কেইজনমান স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱক। অতি নিষ্ঠাৰে নৱগঠিত মহাবিদ্যালয়খনৰ ভৱিষ্যত চিন্তা কৰি তেওঁলোকে বিনা পাৰিশ্ৰমিকেৰে সেৱা আগবঢ়াইছিল। কেইজনমানে দিনত কোনোবা বিদ্যালয়ত শিক্ষকতা কৰিলেও নৈশ মহাবিদ্যালয়খনতো সেৱা আগবঢ়াইছিল। উপকণ্ঠৰ গাঁওবোৰৰ চাকৰিয়াল ডেকাসকলেও প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কৰ্ম সংস্থাপন হোৱাত উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈছিল যদিও নৈশ মহাবিদ্যালয়ে তেওঁলোকৰ মনৰ বাসনা পূৰণ কৰিছিল। নিউ যোৰহাট কলেজ ডাঃ নীলকমল বেজবৰুৱাৰ নেতৃত্বত স্থাপন কৰা মহাবিদ্যালয়খনত কলা আৰু বাণিজ্য দুয়োটা পাঠ্যক্ৰমৰ বিষয় লৈ দিবা-নৈশ শ্ৰেণী সুৰেন্দ্ৰ ভৱনত আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ডাঃ বেজবৰুৱাৰ নিজা সম্পত্তি বাবে সুৰেন্দ্ৰ ভৱনত কাম-কাজ চলোৱাত সুবিধা আছিল। বাণিজ্য শাখাটো পিছত সুকীয়া কৰি পুনৰ চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় নামে এখন মহাবিদ্যালয় স্থাপন কৰিলে। কলেজৰ দুৰ্যোগ দুয়োখন মহাবিদ্যালয়ে বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰিলেও ঘাটি মঞ্জুৰীৰ আওতালৈ বহু বছৰ পৰ্যন্ত অহা নাছিল। তদুপৰি চৰকাৰী অনুদানো সামান্য আছিল। বিশ্ববিদ্যালয় অনুদান আয়োগে ঘাটি মঞ্জুৰী নিদিয়াত দুয়োখন মহাবিদ্যালয়ৰ শিক্ষকসকলকো উচিত পাৰিতোষিক অথবা দৰমহা দিব পৰা নাছিল। সামান্য দৰমহাতে শিক্ষকসকলে নিজৰ কৰ্তব্য পালন কৰি গৈছিল। বিত্তীয় সংকটে দিনক দিনে জুৰুলা কৰা মহাবিদ্যালয় দুখনৰ শিক্ষকসকলে সংকট মোচনৰ উপায় চিন্তা কৰিবলগীয়াত পৰিছিল। বিশেষকৈ ‘নিউ যোৰহাট কলেজ’খন যিকোনো সময়তে বন্ধ হৈ যোৱাৰো উপক্ৰম হৈছিল। একত্ৰীকৰণ দুয়োখন মহাবিদ্যালয়ৰ দুৰ্যোগৰ সময়তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে যোৰহাটৰ নৱগঠিত মহাবিদ্যালয় দুখনৰ অৱস্থা বুজি বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় পৰিদৰ্শক ড॰ প্ৰসন্ন কুমাৰ গোস্বামীক মহাবিদ্যালয় দুখন পৰিদৰ্শন কৰি প্ৰতিবেদন দাখিল কৰিবৰ বাবে পৰামৰ্শ দিছিল। ড॰ গোস্বামীয়ে দুয়োখন মহাবিদ্যালয় পৰিদৰ্শন কৰি মহাবিদ্যালয় আৰু শিক্ষকসকলৰ কল্যাণৰ অৰ্থে একত্ৰীকৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল। যোৰহাট কলেজৰ শিক্ষকৰ এটা সঁজাতী দলে মহাবিদ্যালয়খনক ঘাটি মঞ্জুৰী অনুদানৰ আওতালৈ নিবৰ বাবে, সেই সময়ৰ অসমৰ শিক্ষাধিকাৰ গোপাল শৰ্মা বৰুৱাক সাক্ষাৎ কৰি স্মাৰক-পত্ৰ প্ৰদান কৰিছিল। লগতে শিক্ষামন্ত্ৰী জয়ভদ্ৰ হাগজেৰকো সাক্ষাৎ কৰিছিল। শিক্ষামন্ত্ৰীজনাই দুয়োখন মহাবিদ্যালয়ে একত্ৰীকৰণ কৰাত গুৰুত্ব দি সোনকালে দুয়োখন মহাবিদ্যালয়ৰ পৰা উত্তৰ বিচাৰিছিল। এই আলোচনাৰ পিছতে প্ৰথমে দুয়োখন মহাবিদ্যালয়ে শিক্ষক গোত্ৰ একত্ৰে আলোচনা কৰি শিক্ষামন্ত্ৰীৰ প্ৰস্তাৱ গ্ৰহণ, শিক্ষকসকলে পৰিচালনা সমিতিৰ পৰাও ইতিবাচক সমৰ্থন বিচাৰিছিল। শেষত দুয়োখন মহাবিদ্যালয়ৰ পৰিচালনা সমিতিয়েও যুগ্ম সভা অনুষ্ঠিত কৰি মহাবিদ্যালয়ৰ একত্ৰীকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰি যোৰহাট মহাবিদ্যালয় (একত্ৰিত) নামকৰণ কৰি সেই প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰিছিল। নতুন ভৱন, কাৰ্যালয় আৰু পাঠদানৰ বাবে উপযুক্ত হৈ নুঠা পৰ্যন্ত মহাবিদ্যালয়খনৰ কাম-কাজ সুৰেন্দ্ৰ ভৱনতে আৰম্ভ কৰাৰো সিদ্ধানত লোৱা হৈছিল। যোৰহাট মহাবিদ্যালয় (একত্ৰিত)ৰ অধ্যক্ষ হিচাপে বিদ্যাকান্ত বৰুৱা আৰু উপাধ্যক্ষা হিচাপে শ্ৰীমতী সাৰদা বেজবৰুৱাক নিযুক্তি দিয়া হৈছিল। সকলো জল্পনা-কল্পনা, অনিশ্চয়তা, শংকা দূৰ কৰি ১৯৭২ চনৰ ১ ডিচেম্বৰৰ দিনা অসম চৰকাৰৰ পৰা যোৰহাট মহাবিদ্যালয়ে (একত্ৰিত) ঘাটি মঞ্জুৰী অনুদানৰ আওতালৈ অহা মহাবিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিলে। আৰম্ভণিৰে পৰা অংশকালীনভাৱে শিক্ষকতা কৰা শিক্ষকসকলেও তেওঁলোকৰ স্থায়ী চাকৰি ইস্তাফা দি মহাবিদ্যালয়ত পূৰ্ণকালীন শিক্ষক হিচাপে আত্মপ্ৰকাশ কৰিছিল। দিবা শাখা একত্ৰীকৰণৰ পাছতো বেজবৰুৱা হাইস্কুলতে যোৰহাট কলেজৰ পাঠদান চলি আছিল। যোৰহাটৰ সচেতন মহলে মহাবিদ্যালয়খনৰ দিবা শাখা আৰম্ভ কৰিবলৈ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিক অনুৰোধ কৰিছিল। পৰিচালনা সমিতিয়েও শিক্ষকসকলৰ সৈতে আলোচনা কৰি নিয়মীয়াভাৱে যুক্তি দিয়া শিক্ষকসকলক লৈ দিব শাখা খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই সিদ্ধান্ত অনুযায়ী মাত্ৰ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰী লৈ যোৰহাট কলেজৰ দিবা শাখা আৰম্ভ হয় নৱনিৰ্মিত মহাবিদ্যালয়খনৰ ভৱনৰ কাষতে থকা যোৰহাট আইন মহাবিদ্যালয়ত। সেই সময়ত নিজা ভৱন থকা সত্ত্বেও আইন মহাবিদ্যালয়ৰ পাঠদানো হৈছিল নৈশ ভাগতহে। অধ্যক্ষসকলৰ তালিকা সোণালী জয়ন্তী ২০১২ চনত যোৰহাট মহাবিদ্যালয়ে ৫০ বছৰ পূৰ্ণ কৰে। ২০১২ চনত ১৩ আৰু ১৪ অক্টোবৰত ইয়াৰ সোণালী জয়ন্তী অনুষ্ঠান পালন কৰা হয়। লগতে চাওক অসমৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ তালিকা তথ্য সংগ্ৰহ বাহ্যিক সংযোগ যোৰহাট মহাবিদ্যালয়ৰ আনুষ্ঠানিক ৱেবছাইট যোৰহাট জিলাৰ শৈক্ষিক প্ৰতিষ্ঠান অসমৰ মহাবিদ্যালয়সমূহ
65101
https://as.wikipedia.org/wiki/%E0%A6%A6%E0%A6%B2%E0%A6%97%E0%A6%A4%20%E0%A6%AF%E0%A7%8C%E0%A6%A8%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AF
দলগত যৌনকাৰ্য
দলগত যৌনকৰ্ম বা দলীয় যৌনকাৰ্য হ'ল তিনিজন বা ততোধিক ব্যক্তিয়ে একত্ৰে যৌনকাৰ্য সম্পন্ন কৰা। সাধাৰণ জীৱন শৈলীত দলগত যৌনকৰ্ম বিশেষ জনপ্ৰিয় নহয়। পৰ্ণগ্ৰাফিৰ ই এটা প্ৰধান ভাগ। ইয়াত একেলগে প্ৰদৰ্শন আৰু দৰ্শন কাৰ্য চৰিতাৰ্থ হয়। এই যৌন কাৰ্য বিপৰীত লিংগৰ মাজত বা সমলিংগৰ ব্যক্তিৰ মাজত সম্ভৱ নতুবা একেটা দলত দুয়োপ্ৰকাৰৰ ব্যক্তি জড়িত হ'ব পাৰে। মানুহৰ উপৰিও অন্যান্য প্ৰাণী যেনে: বনবো বান্দৰ চিম্পাঞ্জী ইত্যাদিৰ মাজত দলগত যৌনতা প্ৰতীয়মান। যিবোৰ ঠাইত মুক্ত যৌন কাৰ্য নিষিদ্ধ তেনে অঞ্চলত দলগত যৌনকৰ্ম সাধাৰণতে একান্ত গোপনীয় ব্যক্তিৰ মাজত গোপনীয়ভাৱে বা স্বল্প-প্ৰকাশ্য সঙ্গী-বিনিময় সমাবেশত ঘটে। ইয়াৰোপৰি মাছাজ পাৰ্লাৰ বেশ্যালয় বা চেক্স ক্লাব ইত্যাদিত এই ধৰণৰ যৌন কাৰ্য-কলাপৰ অনুশীলন হয়। সাধাৰণতে পুৰুষ আৰু মহিলাৰ মাজত চৰিত্ৰগত বৈশিষ্ট্য হিচাপে এই ধৰণৰ যৌন আকাংক্ষা এক সাধাৰণ কথা। অভিধা সাধাৰণতে, দুইজনতকৈ বেছি ব্যক্তিৰ মাজত একেসময়তে পৰিচালিত যৌনকাৰ্যক দলগত যৌনকাৰ্য বুলি কোৱা হয়। অংশগ্ৰহণকাৰীৰ সংখ্যা লিংগ, যৌন অভিমুখীতা আৰু যৌন কাৰ্যৰ বৈশিষ্ট্য অনুসৰি দলগত যৌনকাৰ্যক বিভিন্ন অভিধাৰে সংজ্ঞাবদ্ধ কৰা হয়: বৃত্তাকাৰ হস্তমৈথুন বা চাৰ্কল জাৰ্ক বৃত্তাকাৰে অৱস্থান কৰি, সাধাৰণতে বহি লৈ পুৰুষৰ মাজত কৰা সামূহিক হস্তমৈথুন। ডেইজী চেইন বৃত্তাকাৰে অৱস্থান কৰি ইজনে সিজনৰ জননাংগ মেহন কৰি, প্ৰত্যেকজন অংশগ্ৰহণকাৰীক একেসময়তে মুখমেহন প্ৰদান আৰু প্ৰাপ্ত কৰাৰ সুবিধা দিয়া। সামূহিক মৈথুন বা গেং বেং একাধিক ব্যক্তিয়ে পালপাতি বা একেলগে এজন লোকৰ সৈতে কৰা যৌনকাৰ্য, ত্ৰিমৈথুন বা থ্ৰীৱে' তিনিগৰাকী ব্যক্তিয়ে, জৰুৰী নহয় যে একেসময়তে, যৌন সম্পৰ্ক স্থাপন কৰা। ই ত্ৰি-সহবাসৰ (আক্ষৰিক অৰ্থত তিনিজনে বসবাস কৰা) বা সৈতে একে নহয়। চতুৰ্মৈথুন বা ফ'ৰ ৱে' চাৰিগৰাকী ব্যক্তিৰ মাজত মৈথুনকাৰ্য। ই চতুৰ্সহবাসৰ (চাৰিজনে একেলগে বসবাস কৰা) বা সৈতে একে নহয়। দ্বি-স্তম্ভন বা ডাবল পেনিট্ৰেচন এগৰাকী ব্যক্তিৰ যোনিপথ আৰু পায়ুদ্বাৰত দুজন ব্যক্তিয়ে একেসময়তে লিংগ প্ৰৱেশ কৰোৱা কাৰ্য। সাধাৰণতে এয়া যেতিয়া এজনে পায়ুদ্বাৰত আৰু আনজনে যোনিপথত অংগ প্ৰৱেশ কৰোঁতে সংঘটিত হয়, অৱশ্যে ই একেই পথেৰে একেসময়তে অংগ প্ৰৱেশ কৰাটোকো বুজায়। স্পিনট্ৰিয়ান চিউট'নিয়াচে ব্যৱহাৰ কৰা এক শব্দ যি সম্ৰাট টাইবেৰিয়াচে কেপ্ৰি দ্বীপত লিপ্ত হোৱা সামূহিক যৌনকাৰ্যক বুজায়। ম'ন'গেমাছ সামূহিক যৌনকাৰ্য বা ছেম ৰূম ছেক্স (অথবা চফ্ট স্বেপিং) সুকীয়াকৈ যোৰা বান্ধি একেটা কোঠাতে সংগীৰ অদল-বদল নকৰাকৈ যৌনকাৰ্যত লিপ্ত হোৱা। প্ৰৱণতা ২০১৫ চনৰ আমেৰিকান জৰীপ এটাত, মহিলাতকৈ যথেষ্ট বেছি শতাংশ পুৰুষে সঁহাৰি দিছিল যে তেওঁলোকৰ ত্ৰিমৈথুন (১৭.৮ বনাম ১০.৩) বা দলীয় যৌন সম্ভোগৰ (১১.৫ বনাম ৬.৩) জীৱনজোৰা অভিজ্ঞতা আছে। 2015 স্বাস্থ্য সকলো যৌন কাৰ্যকলাপৰ দৰে, দলীয় যৌন সম্ভোগৰ আপেক্ষিক বিপদাশংকা অন্তৰ্ভুক্ত নিৰ্দিষ্ট যৌন কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰ কৰে, যদিও বৃহৎ সংখ্যক যৌন সঙ্গী থকা মানেই যৌন সংক্ৰমণৰ (এছটিআই) সংস্পৰ্শলৈ অহাৰ আশংকা বেছি। ১৯৮৯চনৰ মাজভাগৰ পৰা সমকামী বাথহাউছৰ বিৰুদ্ধে সক্ৰিয় ভাৱে এই বুলি পক্ষপাত কৰা হৈছিল যে সমকামী সকল এছটিআই, বিশেষকৈ এইচ.আই.ভি. বিস্তাৰৰ বাবে মূল দায়ী। কিছুমান ন্যায়াধিকৰণে বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত এই ধৰণৰ ব্যৱস্থা সমূহৰ তৎকালীন বন্ধ ঘোষণা কৰা হৈছিল। সমাজতত্ত্ববিদ ষ্টিফেন অ' মাৰে লিখে যে, এই ক্ষেত্ৰত "কেতিয়াও কোনো প্ৰমাণ উপস্থাপন কৰা হোৱা নাছিল যিয়ে এইটো প্ৰমাণ কৰে যে বাথহাউচলৈ যোৱাটো এইডছ সংক্ৰমণৰ দৰে বিপদাশংকাৰ কাৰক হ'ব পাৰে। আন দেশ সমূহতো, এছটিআই ৰ বিয়পা সম্পৰ্কে হোৱা ভয়ে তেওঁলোকৰ ব্যক্তিগত কোঠাৰ সৈতে থকা বা যৌন ক্লাব আদিৰ বাথহাউচ সমূহৰ বন্ধৰ ক্ষেত্ৰত অৰিহণা যোগায় আৰু এনে অনুষ্ঠান সমূহ য'ত সকলো ধৰণৰ যৌন কাৰ্যকলাপ মুক্ত ভাৱে অনুশীলন কৰা হয়, সেইসমূহত অংশগ্ৰহণ কৰা লোকৰ সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন নীতি বলবৎ কৰাৰ লগতে তত্ত্বাৱধায়কৰো ব্যৱস্থা কৰা হয়। সাধাৰণতে দলগত যৌন সম্ভোগ কৰাৰ বাবে থকা ক্লাব ইত্যাদিয়ে প্ৰায়ে কণ্ডম, ডেণ্টেল ডেম, দাঁতৰ বান্ধ, ল্যেটেক্স হাতমোজা, লুব্ৰিকেণ্ট আৰু সুৰক্ষিত যৌন সম্ভোগৰ বাবে প্ৰয়োজনীয় অন্যান্য সামগ্ৰী প্ৰদান কৰে। বিশেষকৈ বাথহউচ হৈছে সুৰক্ষিত যৌন সম্ভোগৰ এক মুখ্য উৎস— এই সমূহত সুৰক্ষিত যৌন কাৰ্যৰ বিষয়ে সজাগতাৰ হেতু বিভিন্ন পোষ্টাৰ আদি (প্ৰায়ে প্ৰতিটো কোঠাৰ লগতে সাধাৰণ অঞ্চলত) লগাই ৰাখে। ইয়াৰোপৰি বিনামূলীয়া কণ্ডম আৰু লুব্ৰিকেণ্ট প্ৰদান কৰে, আৰু প্ৰায়ে এইটো নিশ্চিত কৰণত গুৰুত্ব দিয়ে যে জড়িত লোক সকলে যাতে সুৰক্ষিত যৌন সম্ভোগ কৰিব পাৰে। আইন যৌন অপৰাধ আইন ১৯৬৭ৰ দ্বাৰা ইংলেণ্ড আৰু ৱেলছত ব্যক্তিগত ভাৱে ২১ বছৰৰ অধিক বয়সৰ দুজন পুৰুষৰ মাজত হোৱা যৌনতাক অপৰাধ মুক্ত ঘোষনা কৰে; অৱশ্যে, আইনৰ নিষেধাজ্ঞাত এইটো বৰ্তি থাকে যে, তৃতীয় ব্যক্তিএজনে যৌন সম্ভোগত অংশগ্ৰহণ কৰিব নোৱাৰিব, আনকি উপস্থিত থাকিবও নোৱাৰিব, লগতে দু'জন পুৰুষে হোটেলত যৌন সম্ভোগ কৰিব নোৱাৰিব। এই নিষেধাজ্ঞাবোৰ ২০০০ চনত ইউৰোপীয় মানৱ অধিকাৰ আদালতত খাৰিজ কৰা হৈছিল। অনৈতিকতা আইন, ১৯৫৭-ৰ ধাৰা ২০ক, যাক সাধাৰণতে "মেন এট এ পাৰ্টি" বুলি জনা যায়, ই দক্ষিণ আফ্ৰিকাৰ এক আইন আছিল যি তৃতীয় ব্যক্তিৰ উপস্থিতিত হোৱা পুৰুষ সমকামক অপৰাধ ঘোষণা কৰিছিল। এই শাখাটো অনীতি সংশোধন আইন, ১৯৬৯-ৰ দ্বাৰা প্ৰণয়ন কৰা হৈছিল আৰু ১৯৯৮ চনত গে' আৰু লেচবিয়ান সমতাৰ বাবে ৰাষ্ট্ৰ সংঘৰ সাংবিধানিক আদালতে ইয়াক অসাংবিধানিক বুলি ঘোষণা কৰালৈকে কাৰ্যকৰী হৈ আছিল। চীনত দলগত যৌন সম্ভোগ অবৈধ, চীনৰ ১৯৯৭ চনৰ অপৰাধী আইনৰ অনুচ্ছেদ ৩০১-ৰ মতে "দলগত যৌন কাৰ্য" অবৈধ। তথ্যসূত্ৰ বৰ্হি সংযোগ মানৱ
70938
https://as.wikipedia.org/wiki/%E0%A6%AB%E0%A7%81%E0%A7%B0%E0%A6%BE%E0%A6%B2%E0%A7%81%E0%A6%82
ফুৰালুং
ফুৰালুং বা ফ্ৰালুং হৈছে আহোম ধৰ্মৰ এক অনুষ্ঠান। ম'-লুং এই অনুষ্ঠানৰ উৎপত্তি আৰু তাৎপৰ্য সম্পৰ্কে নানা ধৰণৰ মত আগবঢ়াইছে। কোনো কোনো ম'-লুঙে এই ফুৰালুঙৰ আলমত আহোমসকল বৌদ্ধ আছিল বুলি মত প্ৰকাশ কৰে। ড॰ পদ্মেশ্বৰ গগৈয়ে এই প্ৰসংগত কৈছে যে, “এই ত তাই আহোম ভাষাত বৌদ্ধ গীত গায়।” লীলা গগৈদেৱেও বৌদ্ধ ধৰ্মৰ প্ৰভাৱৰ কথা স্বীকাৰ কৰিছে। পদ্মেশ্বৰ গগৈয়ে ফুৰা লং শব্দৰ লগত ফ্ৰা লং শব্দৰ মিলৰ কথা উল্লেখ কৰি ফ্ৰা-লঙক 'বুদ্ধ' (ফ্ৰা-লং) হিচাপে প্ৰতিষ্ঠা কৰিছে। থেৰাবাদী বৌদ্ধ ধৰ্মৰ প্ৰভাৱ উত্তৰ ব্ৰহ্মত থকালৈ চাই এনে মতৰ কিছু যুক্তিযুক্ততা আছে যেন লাগিলেও বহু টাই ম'-লুঙে ফুৰালুঙক বৌদ্ধধৰ্মীয় অনুষ্ঠান বুলি ক'ব নোখোজে। মনোৰঞ্জন ফুকনে টাই-আহোমৰ ফুৰালুং ধৰ্মক টাই সকলৰ ধাৰাবাহিকতা থকা প্ৰাচীন ধৰ্ম তথা আদৰ্শৰ লগত সঙ্গতিপূৰ্ণ হিচাপে দেখুৱাইছে। চীনৰ প্ৰাচীন ধৰ্মৰ বিশ্বৰ প্ৰথম কাৰণ বা টাওৰ লগত টাই-আহোমৰ 'ফা-তু-ছিং-ফ্ৰাং-হুমৰ' নিবিড় সম্পৰ্ক দেখুৱাইছে। তাই ধৰ্মীয় পুথি 'পেঞাকাকা'ৰ মত দাঙি ধৰি ফুকনে দেখুৱাইছে যে ফুৰালং টাই পৰম্পৰাৰ প্ৰাচীন। ফুৰাক মানি গুণানুকীৰ্তন কৰা অনুষ্ঠানেই পৰৱৰ্তী কালত ফুৰালুং ৰূপে প্ৰতিষ্ঠিত হ'ল বুলি চাও ফুকনে কয়। ফুৰালুং বলি বিধানমুক্ত হোৱা বাবে আৰু চৈত্যসদৃশ আকৃতিৰে পুৰোহিতৰ সন্মুখত কলগছত এশ এগছি চাকি জ্বলাই বোধিবৃক্ষৰ প্ৰতীকী ৰূপ দিয়া বাবেই ফুৰালুং ক থেৰাবাদী বৌদ্ধ বুলি টাই ম'-লুংসকলে মানি নলয়। তেওঁলোকে ধৰ্মীয় পুথি 'পেঞাকাকা'ৰ গীত মাত বৌদ্ধধৰ্মী নহয় বুলিহে মত প্ৰকাশ কৰে। ফুৰালুং উচ্চ আধ্যাত্মিক সাধনাৰ অনুষ্ঠান। ফুৰালুং ৰ নৈবেদ্যসমূহ হ'ল ফল-মূল আদি। পূজাৰ সমগ্ৰীসমূহৰ ঔষধি হিচাপে গুৰুত্ব থকা বুলিও অনুমান কৰা হয়। ধূপ-ধুনা জ্বলাই পবিত্ৰ ধৰ্ম-পুথি 'পেঞাকাকা' প্ৰতিষ্ঠা কৰা হয়। ফুৰালুং ত ব্যৱহাৰ হোৱা পবিত্ৰ সঞ্জীৱনী অমৃত হ'ল 'ঞিয়াপুলক' আৰু ইয়াক অফুৰন্ত শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই অমৃতেই টাই সকলক অমৰত্ব বা দেৱতাৰ গুণ দিলে বুলিও অনুমান কৰা হয়। ঞিয়াপুলক পবিত্ৰ ভাবেৰে পানকৰা সকলক স্বৰ্গীয় সুৰা (অমৃত) পান কৰা সকলৰ দৰেই অমৰ বুলি গণ্য কৰা হয়। টাই আহোমসকলৰ ফুৰালুং ত্ৰি-সূত্ৰীক পৰম্পৰাৰ আধাৰত প্ৰতিষ্ঠিত। 'ফুৰা-তাৰা-আলং' এই ত্ৰি সূত্ৰীক দৰ্শনৰ তিনিটা ভেটি। এগৰাকী টাই ম'-লুং বাণী দেওধাই বৰুৱাই 'ফুৰালুং' শব্দৰ তাৎপৰ্য ব্যাখ্যা কৰি কৈছে, “ইয়াৰ তাত্ত্বিক বৈশিষ্ট্য হ'ল অস্তিত্ব সংৰক্ষণ, পুনৰাৱৰ্তন আৰু সৃষ্টি বিকাশৰ স্বীকৃতি।” পদ্মেশ্বৰ গগৈয়ে "ফুৰা-তাৰা-আলং" এই তিনিটা শব্দৰ অৰ্থ 'বুদ্ধ-ধৰ্ম-সংঘ' ৰূপত চলি আছে। লীলা গগৈয়ে টাই আহোমৰ উপৰি, টাই-খামতি, টাই- ফাকে, টাই-তুৰুং, টাই-আইটন, টাই খাময়াং আদি সকলো গোষ্ঠীৰ মাজতো ফুৰালুং দৰ্শনৰ আধাৰত ফুৰা-তাৰা আলঙৰ চলি থকাৰ কথা কৈছে। টাই ধৰ্মৰ অন্যান্য ম'-লুংসকলে অৱশ্যে টাই পৰম্পৰাৰ প্ৰামান্য ধৰ্মীয় পুথি 'পেঞাকাকা' তথ্যৰ আধাৰত টাই ফুৰালুং বৌদ্ধ ধৰ্মীয় অনুষ্ঠান নহয় বুলি কয়। তেওঁলোকৰ মতে ফুৰালুং ধৰ্মই নিৰ্বাণত বিশ্বাস নকৰে। 'নিৰ্বাণ' মানে নিষ্ক্ৰিয়তা। ব্ৰহ্মাণ্ডত নিষ্ক্ৰিয়তাৰ স্থান নাই। ফুৰালুং ত বৌদ্ধ গীত গোৱা নহয় বুলি এওঁলোকে কয়। পেঞাকাকাত ঈশ্বৰৰ অস্তিত্ব মানি লৈ নটা নিবন্ধ বা পালন কৰিবলগীয়া ন নিবন্ধ ৰচনা কৰা হৈছে। এই ন নিবন্ধ বৌদ্ধ ধৰ্মীয় আচৰিব লগীয়া শীলসমূহৰ লগত আনুষংগিক মিল থকা বাবে টাই আহোমৰ ধৰ্মকে বৌদ্ধ ধৰ্ম বুলি কয়। এই নটা নিবন্ধৰ দুটাত কৰ্মফল অনুসৰি পুনৰজন্ম আৰু জীৱৰ প্ৰতি অহিংসাৰ কথা কোৱা হৈছে। কিন্তু সাতটা নিবন্ধত বৌদ্ধ ধৰ্মৰ লগত কোনো মিল নাই। টাই আহোমৰ 'পেঞাকাকা'ত মহাশূন্যৰ ওপৰতো এক পৰম ব্ৰহ্মৰূপী 'চ্যাও চেঙ' অস্তিত্ব মানি লোৱা হয়। এই 'চ্যাউ চেঙ'ব্ৰহ্মাণ্ডৰ সকলো সংখ্যাৰ ওপৰত অৰ্থাৎ সংখ্যাৰে এই সত্যক প্ৰকাশ কৰিব নোৱাৰি। গতিকে ই হ'ল এক অক্ষয় সত্তাৰ স্বীকৃতি। ইয়াক কৰাত কোনো আৱেগিক ভিত্তি নাই, কৰাত আনন্দ বা নকৰাত বেজাৰ নাই। মাত্ৰ ই হ'ল পৰম সত্যক উপলব্ধি কৰাৰ এক স্বীকৃতি। ফুৰালুং ধৰ্মত সৃষ্টি, স্থিতি, প্ৰলয়ৰ নিয়ন্ত্ৰক, মহাকাশৰো উৰ্ধত, কালজয়ী, মহাকাশৰো আশ্ৰয় স্বৰূপ 'চ্যাও চেঙ' বা 'ফা-তু-চিং-ফ্ৰঙ-হুম'ৰ মহান অস্তিত্বক উপলব্ধি কৰা হয়। ই স্বাভাৱিকতে এক মৌলিক দৰ্শনৰ অস্তিত্ব প্ৰমাণিত কৰে। তথ্য সংগ্ৰহ আহোম ৰাজ্য টাই
4863
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BE%E0%A6%A3%E0%A7%80%E0%A6%95%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%20%E0%A6%95%E0%A6%BE%E0%A6%95%E0%A6%A4%E0%A6%BF
বাণীকান্ত কাকতি
বাণীকান্ত কাকতি একাধাৰে গৱেষক, ভাষাবিদ, সম্পাদক, সমালোচক৷ অসমীয়া ভাষাৰ ভাষাতাত্ত্বিক অধ্যয়ন বিষয়ত তেখেতে যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে। তেওঁ প্ৰথম বাৰলৈ ১৯১৮ চনত কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা ইংৰাজী সাহিত্যত এম.এ ডিগ্ৰী লাভ কৰে। তাৰ পাছত তেওঁ কটন কলেজত ইংৰাজী বিষয়ৰ অধ্যাপনা কৰিবলৈ লয়৷ অধ্যাপনা কৰি থাকোঁতেই পুনৰ ১৯২৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী ভাষাৰ আনটো গ্ৰুপত পৰীক্ষা দি প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ এম.এ পাছ কৰে। তেওঁ কটন কলেজৰ অধ্যাপক আছিল আৰু পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথমজন অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেখেতৰ গৱেষণা গ্ৰন্থখনৰ নাম জন্ম ১৮৯৪ চনৰ ১৫ নৱেম্বৰত বৰপেটা জিলাৰ বৰকুৰিহা গাঁৱৰ বাউসী তেখেতৰ জন্ম হয়। গাঁওখনৰ পূৰ্বৰ নাম আছিল খৰাৰভিঠা৷ তেখেতৰ পিতৃৰ নাম আছিল ললিতৰাম কাকতি আৰু মাতৃৰ নাম লহোবালা কাকতি। বাণীকান্ত কাকতি মাতৃগৰ্ভত থাকোঁতেই পিতৃৰ মৃত্যু হয়৷ তেওঁলোকৰ সৰ্বমুঠ পাঁচজন ককায়ে-ভায়েক আছিল৷ বাণীকান্ত আছিল সৰ্বকনিষ্ঠ৷ জেষ্ঠ্য ভাতৃ পৰমানন্দ কাকতিৰ ছত্ৰছায়াত থাকিহে তেখেত ডাঙৰ-দীঘল হৈছিল৷ শিক্ষা বাণীকান্ত কাকতিয়ে তেওঁৰ ককায়েক পৰমানন্দ কাকতিয়ে (যিজন ৰাধা পণ্ডিত নামেৰে জনাজাত আছিল) শিক্ষকতা কৰি থকা বাটিকুৰিহা নিম্ন প্ৰাইমেৰী বিদ্যালয়ত ১৯০০ চনত প্ৰথম শিক্ষা আৰম্ভ কৰিছিল। ককায়েকৰ তত্ত্বাৱধানত পঢ়া-শুনা কৰা বাণীকান্ত কাকতিয়ে প্ৰাইমাৰী বিদ্যালয়ৰ শেষ পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হৈছিল আৰু চৰকাৰী ঘৰৰ পৰা বৃত্তি বা জলপানী লাভ কৰিছিল। বৈষ্ণৱ পৰিৱেশত ডাঙৰ হোৱাৰ বাবেই তেওঁ বৈষ্ণৱ সাহিত্যৰ প্ৰতিও সৰুৰেপৰাই আগ্ৰহী হৈছিল৷ প্ৰাইমাৰী বিদ্যালয়ৰ পৰা শেষ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ইংৰাজী ১৯০৫ চনত বাণীকান্তই বৰপেটা হাইস্কুলত নাম লগায়। সেই সময়ত বৰপেটা হাইস্কুলৰ প্ৰধান শিক্ষক আছিল কালীমোহন গুপ্ত। তেওঁ বাণীকান্তৰ বছৰেকীয়া পৰীক্ষাৰ সংস্কৃতৰ বহীত এশ পাঁচ নম্বৰ দিয়া দেখি সংস্কৃতৰ শিক্ষক লক্ষ্মীনাৰায়ণ গোস্বামীক মাতি তেওঁৰ ভুল হৈছে বুলি চাবলৈ দিছিল৷ কিন্তু সংস্কৃত শিক্ষকগৰাকীয়ে উত্তৰত কৈছিল, বহীখনত ’বাছা’ই ইমান সুন্দৰকৈ শুদ্ধ উত্তৰ লিখিছে যে মই তাক পাঁচ নম্বৰ বেছিকৈ নিদি নোৱাৰিলোঁ৷ প্ৰধান শিক্ষক কালীমোহন গুপ্তই বহীখন পৰীক্ষা কৰি সত্যতাৰ প্ৰমাণ পাইছিল৷ স্কুলখন তেতিয়া চৰকাৰী হোৱা নাছিল। এবাৰ স্কুলৰ বছৰেকীয়া পৰীক্ষাত প্ৰথম হোৱা বাবে ইংৰাজ লেখক চেমুৱেল স্মাইলছৰ "চেলফ্ হেল্প" আৰু জাৰ্মান পণ্ডিত ""মেক্সমুলাৰৰ জীৱনী"নামৰ কিতাপ দুখন বাণীকান্ত কাকতিয়ে পুৰস্কাৰ হিচাপে লাভ কৰিছিল আৰু এই কিতাপ দুখনে বাণীকান্ত কাকতিৰ মনৰ দ-সাঁচ বহুৱাইছিল। ১৯১১ চনত বাণীকান্ত কাকতিয়ে বৰপেটা হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষা দি সমগ্ৰ অসম উপত্যকাৰ ভিতৰত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। সেই সময়ত প্ৰৱেশিকা পৰীক্ষা বিশ্ববিদ্যালয়ে চলাইছিল। অসমত তেতিয়াৰ দিনত বিশ্ববিদ্যালয় নাছিল। কলিকতা বিশ্ববিদ্যালয়য়েই অসমতো প্ৰৱেশিকা পৰীক্ষা চলোৱাৰ দায়িত্ব বহন কৰিছিল। বাণীকান্তই প্ৰৱেশিকা পৰীক্ষাত এই পৰীক্ষাত গোটেই অসমৰ ভিতৰত ইংৰাজীত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰি বাণীকান্তই সোণৰ আৰু ৰূপৰ পদক অৰ্জন কৰিছিল। বাণীকান্ত কাকতিয়ে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ইংৰাজী ১৯১১ চনত কটন কলেজত আই.এ. মহলাত নাম ভৰ্তি কৰিছিল। ইংৰাজী ১৯১৩ চনত সেই কলেজৰ পৰাই কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত হোৱা আই.এ. পৰীক্ষাত বাণীকান্ত কাকতিয়ে বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছিল। ইংৰাজী ১৯১৩ চনত বাণীকান্ত কাকতিয়ে উচ্চ শিক্ষাৰ বাবে কলিকতা চহৰলৈ যায় আৰু তাত বিখ্যাত প্ৰেচিডেন্সি কলেজত বি.এ.মহলাত নামভৰ্তি কৰে। ইংৰাজী ১৯১৫ চনত বাণীকান্ত বি.এ. পৰীক্ষাত বহে আৰু ইংৰাজীত অনাৰ্চ লৈ দ্বিতীয় শ্ৰেণীৰ চতুৰ্থ স্থান লাভ কৰি স্নাতক হয়। প্ৰেছিডেন্সি কলেজৰপৰা অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ ভিতৰত সৰ্বোচ্চ স্থান লাভ কৰা বাবে তেখেতে ‘টনী স্মৃতি বঁটা’ লাভ কৰে৷ বি.এ. পাছ কৰাৰ পাছত ইংৰাজী ১৯১৫ চনত বাণীকান্তই কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাত ইংৰাজী বিভাগত নাম লগায়। তেতিয়াৰ অসমৰ শিক্ষা বিষয়া কানিংহাম চাহাবলৈ তেওঁ ইংৰাজীত এখন চিঠি লিখিছিল৷ চিঠিৰ ভাষা এনে মৰ্মস্পৰ্শী আছিল আৰু তাৰ প্ৰকাশৰ আকৰ্ষণীয় ভংগী দেখি কানিংহাম চাহাবে নিজৰ জেপৰ পৰাই মাহিলী এক নিৰ্ধাৰিত নিৰিখৰ টকা দিবলৈ গাত লৈছিল৷ অৱশ্যে, অসুস্থতাৰ কাৰণে তেওঁ ইংৰাজী ১৯১৭ চনত এম.এ. পৰীক্ষাত বহিব নোৱাৰিলে। ইংৰাজী ১৯১৮ চনত তেওঁ এম.এ.পৰীক্ষাত বহে আৰু ইংৰাজী সাহিত্যৰ 'এ' গ্ৰুপত দ্বিতীয় শ্ৰেণীত উত্তীৰ্ণ হয়। ইয়াৰ পাঁচ বছৰ পিছত ইংৰাজী ১৯২৩ চনত তেওঁ ইংৰাজী সাহিত্যৰ 'বি' গ্ৰুপৰ পৰীক্ষাত পুনৰ বহে আৰু প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হয়। কটন কলেজত কাম কৰি থাকোঁতে তেওঁ ভাষাবিজ্ঞানী সুনীতিকুমাৰ চেটাৰ্জীৰ তত্ত্বাৱধানত অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ সম্পৰ্কত গৱেষণা কৰিবলৈ আৰম্ভ কৰে৷ তেখেতৰ গৱেষণা গ্ৰন্থখনৰ নাম হ’ল- ১৯৩৫ চনত এই গৱেষণাৰ বাবে তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰে৷ উল্লেখ্য যে ভাৰতীয় বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট পোৱা প্ৰথমগৰাকী অসমীয়া হৈছে বাণীকান্ত কাকতি৷ কৰ্ম জীৱন ১৯১৮ চনৰ ১৬ নবেম্বৰত কাকতিদেৱে ইংৰাজীৰ অধ্যাপক হিচাপে কটন কলেজত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে। কটন কলেজত অধ্যাপকৰ পদ পোৱা প্ৰথম অসমীয়া আছিল ড° সূৰ্য্যকুমাৰ ভূঞা আৰু দ্বিতীয় আছিল বাণীকান্ত কাকতি৷ ইয়াৰ মাজতে তেওঁ অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে ইণ্ডিয়ান হিষ্টৰিকেল ৰেকৰ্ডছ্ কমিছনৰ পেছোৱাত অনুষ্ঠিত দ্বাবিংশতিতম অধিৱেশনত যোগদান কৰে আৰু এবছৰ কালৰ বাবে এই কমিছনৰ সদস্য মনোনীত হয়৷ ১৯৪৭ চনত তেখেতে ঔ কটন কলেজৰ অধ্যক্ষ ৰূপে পদোন্নতি লাভ কৰে। ১৯৪৯ চনৰ জানুৱাৰী মাহলৈকে বাণীকান্ত কাকতিয়ে কটন কলেজৰ অধ্যক্ষ হিচাপে সেৱা আগবঢ়াই চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।৷ সেই বছৰতে তেখেতে নতুনকৈ স্থাপিত হোৱা অসমৰ প্ৰথম বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰাধ্যাপক হিচাপে পুনৰ কামত যোগদান কৰে মৃত্যুৰ সময়লৈকে তেওঁ সেই পদতে থাকি সেৱা আগবঢ়াইছিল। কাকতি আছিল অসমীয়া বিভাগৰ প্ৰথমজন ‘কলাগুৰু’ ৰূপে নিৰ্বাচিত হৈছিল৷ তেওঁ বিশ্ববিদ্যালয়ৰ ক’ৰ্ট সভাৰো সদস্য আছিল৷ ৷ ব্যক্তিগত জীৱন ১৯১৬ চনৰ ৬ মে’ত বি.এ পাছ কৰিয়েই (বাইছ বছৰ বয়সত) বৰপেটাৰ গায়নহাটীৰ চিৰস্তাদাৰ উমাকান্ত দাসৰ জীয়েক কনকলতা দাসক তেখেতে বিয়া কৰায়। ঘৰখন চলোৱাৰ সকলো দায়িত্ব পত্নীয়ে গ্ৰহণ কৰি তেওঁক অধয়য়নৰ বাবে সময় উলিয়াই দিছিল৷ সেই বাবে পত্নীৰ আকস্মিক বিয়োগত মৰ্মাহত হৈ থাকি তেওঁ আক্ষেো কৰি কৈছিল, “ধুমুহাৰ দৰে তেওঁ আহিল, আৰু গোটেইখন তেনেই খেলিমেলি লগাই থৈ গুচি গ’ল৷ কেতিয়াবা সঁচাকৈয়ে বৰ বেয়া লাগে’’৷ বাণীকান্ত কাকতি আৰু কনকলতা (দাস)কাকতিৰ তিনিজন পুত্ৰ আৰু তিনিজনী জীয়েক আছিল। ইংৰাজী ১৯৫২ চনত ১৭ ছেপ্তেম্বৰ তাৰিখে কনকলতা কাকতিৰ মৃত্যু ঘটে। কাকতি ব্যক্তিগত জীৱনত বৰ সাধাৰণভাবে দিন কটাইছিল৷ সাজ-পাৰ আছিল তেনেই সাধাৰণ৷ পিন্ধনত সদায় ধুতী-চোলা আৰু গাত সূতাৰ চাদৰ মেৰিয়াই লৈছিল৷ তেওঁক ছাত্ৰাৱস্থাত যিসকল লোকে অৰ্থসাহায্য দি সহায় কৰিছিল, সেইসকলৰ নাম তেওঁ লিখি ৰাখিছিল আৰু পিছত চাকৰিত সোমায়েই তেওঁ সেই অৰ্থসাহায্যৰ ধন ওভোতাই দিছিল৷ বাণীকান্ত কাকতি নিজেও বহু দুখীয়া ছাত্ৰক অৰ্থসাহাযয় দি পঢ়িবলৈ উৎসাহ যোগাইছিল৷ ভাষাতাত্ত্বিক অধ্যয়ন তেখেতৰ এখন অতি মূল্যবান গৱেষণামূলক গ্ৰন্থ। এই গ্ৰন্থখনৰ কাৰণেই তেখেতক কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি প্ৰদান কৰা হয়। এই গৱেষণামূলক গ্ৰন্থখনৰ দ্বাৰাই তেওঁ অসমীয়া ভাষাৰ স্বতন্ত্ৰতা প্ৰতিষ্ঠা কৰে৷ এই অধ্যয়নত তেওঁ ভাষাবিদ ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ গ্ৰন্থই আদৰ্শ দেখুৱাইছিল৷ সেইসময়ৰ অসমত ভাষা অধ্যয়নৰ দৰে কঠিন বিষয় এটা অধ্যয়নৰ কোনো পৰিৱেশ নথকাতো বাণীকান্ত কাকতিয়ে এনে দুঃসাধ্য কৰ্ম কৰি অসমীয়া ভাষাক স্বতন্তৰীয়া ভাষা হিচাপে প্ৰতিষ্ঠা কৰা দেখি, তেওঁৰ পৰীক্ষক পেৰিছ বিশ্ববিদ্যালয়ৰ অধ্যাপক জুল ব্লখে প্ৰশংসা কৰিছিল৷ তেওঁ কৈছিল, বাণীকান্ত কাকতিৰ গদ্যৰ এক সুকীয়া বৈশিষ্ট আছে৷ ভাব আৰু বিষয়ৰ সৈতে সংগতি ৰাখি বাণীকান্তই গদ্য ৰচনা কৰিছিল৷ শব্দচয়নত সংযমতা, বাক্য গঠনত হ্ৰস্ব, দীৰ্ঘ আৰু মিশ্ৰ বাক্যৰ প্ৰয়োগ আছিল মনকৰিবলগীয়া৷ আকৰ্ষণীয় ৰচনাভংগী, বিবিধ শব্দৰ সুপ্ৰয়োগ, বিচিত্ৰ বাক্য-ৰচনা, যথোচিত অলংকাৰৰ প্ৰয়োগ আদিৰে অনুকৰণীয় গদ্য ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে৷ সাহিত্য প্ৰতিভা বাণীকান্ত কাকতিৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য কৃতি হ’ল তেওঁ গৱেষণা গ্ৰন্থ- ইয়াৰ বাহিৰে তেওঁ ইংৰাজী ভাষাত আন তিনিখন গৱেষণালব্ধ সাহিত্য পুথি ৰচনা কৰে৷ ভাষাতত্ত্বমূলক গ্ৰন্থ ১৯৪১ সাহিত্য আলোচনামূলক গ্ৰন্থ পুৰণি অসমীয়া সাহিত্য, ১৯৪০ সাহিত্য আৰু প্ৰেম, ১৯৪৮ নতুন অসমীয়া সাহিত্য (এই নামত গ্ৰন্থ প্ৰকাশ হোৱা নাই যদিও ১৯৯১ চনত প্ৰকাশিত বাণীকান্ত ৰচনাৱলীত ঠাই দিয়া হৈছে) সমাজতত্ত্ব বিষয়ক গ্ৰন্থ ১৯৪৮ কলিতা জাতিৰ ইতিবৃত্ত, ১৯৪৩ পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা, ১৯৫৫ ১৯৫২ জীৱনী গ্ৰন্থ ১৯২৩ শিশু সাহিত্য পখিলা, ১৯৫১ সম্পাদিত গ্ৰন্থ চোৰধৰা আৰু পিম্পৰা গুছোৱা, ১৯২০ সংকলিত গ্ৰন্থ ১৯৫৩ অনুবাদ সাহিত্য ১৯৪২ (অম্বিকাগিৰী ৰায়চৌধুৰীৰ দেশাত্মবোধক ১৫ কবিতাৰ ইংৰাজী অনুবাদ) বাণীকান্ত কাকতিয়ে সময়ে সময়ে বাতৰি কাকত, আলোচনী আদিত পুৰণি অসমীয়া গ্ৰন্থ আৰু আধুনিক অসমীয়া গ্ৰন্থ সম্পৰ্কে বিভিন্ন সমালোচনামূলক প্ৰবন্ধ লিখিছিল৷ এই সকলো প্ৰবন্ধ ‘বাণী-প্ৰতিভা’ (১৯৯৬) ত সংকলন কৰা হৈছে৷ তদুপৰি, কাকতিয়ে নিজে সম্পাদনা কৰা গ্ৰন্থখন অসমীয়া সাহিত্যৰ প্ৰাচীন যুগৰ ওপৰত আলোকপাত কৰি লিখা এখন মূল্যবান গ্ৰন্থ৷ সন্মান লাভ কলিকতা বিশ্ববিদ্যালয়ে বাণীকান্ত কাকতিক তেওঁৰ গৱেষণামূলক গ্ৰন্থ "অসমীয়া ভাষা:ইয়াৰ গঠন আৰু ক্ৰমবিকাশ"ৰ বাবে তেওঁক পি.এইচ.ডি.ডিগ্ৰী প্ৰদান কৰে। আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁক "ডিন অৱ দি ফেকাল্টি অৱ আৰ্টছ এণ্ড কমাৰ্ছ" বা "কলাগুৰু" উপাধিৰে বিভূষিত কৰে। মৃত্যু ইংৰাজী ১৯৫২ চনৰ ১৫ নৱেম্বৰ তাৰিখে শনিবাৰৰ দিনা গুৱাহাটীৰ ৰিহাবাৰীৰ নিজা বাসভৱনত প্ৰাত:ভ্ৰমণৰপৰা ঘূৰি অহাৰ পিছতেই ডক্টৰ বাণীকান্ত কাকতিয়ে অসুস্থতা অনুভৱ কৰি বিছনাত শুই পৰে আৰু ক্ষন্তেক পিছতেই শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫৮ বছৰ। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ইয়াৰ পৰা ডাউনলোড কৰক অসমৰ ব্যক্তি অসমীয়া প্ৰবন্ধকাৰ অসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক জন্ম ১৮৯৪ মৃত্যু
85082
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A7%88%E0%A6%B7%E0%A6%A7%20%E0%A6%9A%E0%A7%B0%E0%A6%BF%E0%A6%A4
নৈষধ চৰিত
নৈষধ চৰিত এখন সংস্কৃত ভাষাত লিখা কবিতা পুথি যিখন সংস্কৃতত লিখা পাঁচখন মহাকাব্যৰ এখন বুলি স্বীকৃত৷ কাব্যখনিত নিষাদ ৰজা নলৰ জীৱনী বৰ্ণনা কৰা আছে৷ গ্ৰন্থখন ৰচনা কৰিছিল জয়চন্দ্ৰৰ ৰাজসভাৰ কবি শ্ৰীহৰ্ষই৷ শ্ৰীহৰ্ষ ১২শ শতিকাৰ ভাৰতৰ সংস্কৃত কবি আছিল৷ নৈষধ চৰিত কৃষ্ণকান্ত সন্দিকৈয়ে প্ৰথম ১৯৩৪ চনত ইংৰাজীলৈ অনুবাদ কৰে৷ বিষয় বস্তু ’নৈষধ চৰিত’ত নলৰ জীৱনৰ কাহিনী উপস্থাপন কৰা হৈছে; দময়ন্তীৰ প্ৰেমত পৰা, তেওঁলোকৰ বিবাহ আৰু মধুচন্দ্ৰিকাৰ বৰ্ণনা কৰা হৈছে। এই মহাকাব্যখনি দুটা ভাগত বিভক্ত পূৰ্ব আৰু উত্তৰ৷ প্ৰত্যেকতে এঘাৰটা কাণ্ড বা বিভাজন আছে। ইয়াৰ কাহিনী বিদৰ্ভৰ ৰজা ভীমকৰ কন্যা দময়ন্তী আৰু নিষাদ ৰাজ নলৰ। এই কাহিনীটো প্ৰথমে মহাভাৰতৰ বনপৰ্বৰ ৩য় খণ্ডত বৰ্ণনা কৰা হৈছে, কিছু বেলেগ দৃষ্টিকোণেৰে। নৈষধ চৰিতৰ ভাষা অতি ব্যঞ্জনাময় আৰু পৰিশীলিত। মাঘৰ শিশুপাল বধ আৰু শ্ৰীহৰ্ষৰ নৈষধ চৰিতক পণ্ডিতসকলৰ বাবে এক পৰীক্ষা বুলি গণ্য কৰা হয়; নৈষধৰ বিষয়ে এইদৰে কোৱা হয় যে “নৈষধম বিদ্বাদ-ঔষধম’’, অৰ্থাৎ ই "পণ্ডিতসকলৰ টনিক"। চৰিত্ৰ নৈষধ চৰিতৰ কাহিনীত থকা চৰিত্ৰসমূহ হ’ল:- নল, দময়ন্তী, সৰস্বতী, ইন্দ্ৰ আৰু দময়ন্তীৰ প্ৰেমিক দেৱতা৷ প্লট প্ৰথম কাণ্ডটোৰ আৰম্ভণিতে নলৰ বিশদ বৰ্ণনা, তেওঁৰ শাৰীৰিক সৌন্দৰ্য, শৌৰ্য আৰু অন্যান্য গুণৰ বিষয়ে উল্লেখ কৰা হৈছে। নলৰ দৰবাৰ ভ্ৰমণ কৰা অমাত্যসকলে ৰজা ভীমনৰ কন্যা দময়ন্তীৰ খবৰ আনে, এগৰাকী নিপুণ আৰু মনোমোহা ৰাজকুমাৰী হিচাপে। সেই ৰাজকুমাৰীৰ প্ৰতি নলৰ মনত প্ৰেম উঠলি উঠিল। সেই অনুভৱ সহ্য কৰিব নোৱাৰি তেওঁ নিজৰ ৰাজপ্ৰসাদৰ এখন বাগিচালৈ গ’ল য’ত তেওঁ এটা ধুনীয়া হাঁহ দেখা পালে আৰু সেইটো বন্দী কৰিলে। হাঁহটোৱে ভয়তে কান্দিছিল আৰু দয়ালু ৰাজকুমাৰে তাক এৰি দিছিল। ই ভীমক ৰজাৰ ৰাজধানী কুণ্ডিনাপুৰালৈ গৈ তাতে এখন বাৰীত দময়ন্তীক বিচাৰি পাবলৈ সক্ষম হ’ল। হাঁহটোৱে তাইক নলৰ বিষয়ে ভাল বৰ্ণনা দি তাই আৰু নলৰ মাজত পাৰস্পৰিক মৰম গঢ়ি তোলাত সেৱাৰ আশ্বাস দিলে। ই নলৰ ওচৰলৈ উৰি গৈ দময়ন্তীৰ ঈৰ্ষণীয় সৌহাৰ্দ্যৰ বিষয়ে অৱগত কৰিলে। দময়ন্তীৰ নিৰীহ আৰু অনভিজ্ঞ সংগীসকলৰ পৰা ৰজা ভীমকে তেওঁৰ কন্যাৰ অসুস্থতাৰ বিষয়ে অৱগত হৈছিল, যিটো কাৰ্যতঃ প্ৰেম-ৰোগ আছিল৷ তাৰ পিছত ভীমে নিজৰ কন্যাৰ স্বয়ম্বৰ (প্ৰাচীন ভাৰতীয় প্ৰথা, য'ত ছোৱালীয়ে প্ৰেমিকৰ তালিকাৰ পৰা স্বামী বাছি লয়)ৰ ব্যৱস্থা কৰিলে। ইফালে দেৱতাৰ ৰজা ইন্দ্ৰই নাৰদৰ পৰা দময়ন্তীৰ স্বয়ম্বৰৰ খবৰ আৰু নলৰ প্ৰতি থকা তেওঁৰ অটল প্ৰেমৰ খবৰ জানিব পাৰিলে। এগৰাকী কন্যাৰ হাত জয় কৰাৰ স্বাভাৱিক আকৰ্ষণে ইন্দ্ৰক স্বয়ম্বৰত উপস্থিত থাকিবলৈ উচটনি দিছিল। তেওঁ অগ্নি, যম, বৰুণ আৰু শনি (শনি) দেৱতাৰ সৈতে পৃথিৱীলৈ নামি আহিল আৰু বাটত নলক লগ পালে, তেৱোঁ স্বয়ম্বৰত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িছিল। নলৰ মোহনীয় ৰূপটো লক্ষ্য কৰি তেওঁ নিজৰ ঈৰ্ষা নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু সেয়েহে নলক দেৱতাৰ দূত হ’বলৈ আৰু তেওঁলোকৰ অতুলনীয় যোগ্যতাৰ কথা দময়ন্তীৰ ওপৰত কৈ হেঁচা দিবলৈ অনুৰোধ কৰি এটা কৌশলৰ আশ্ৰয় ল’লে। তেওঁ কৰা কামৰ বাবে পৰম্পৰাগতভাৱে যি পুৰস্কাৰ প্ৰদান কৰা হ’ব, সেই পুৰস্কাৰসমূহ ইন্দ্ৰই নলৰ দৃষ্টিগোচৰ কৰিছিল, নল এই সম্পৰ্কে অনিচ্ছুকতা প্ৰকাশ কৰিছিল আৰু একে সময়তে ঐশ্বৰিক সত্তাৰ অনুৰোধ নাকচ কৰাৰ সুখ অনুভৱো কৰিছিল। অৱশেষত তেওঁ মান্তি হ'ল আৰু আনৰ বাবে অদৃশ্য হৈ থাকি দময়ন্তীৰ হাৰেমলৈ পঠিওৱা হ'ল দেৱতাসকলে তেওঁক প্ৰদান কৰা এক আশীৰ্বাদ। নিজৰ পৰিচয় দময়ন্তীৰ বাবে অজ্ঞাত কৰি ৰাখি নলে দেৱতাৰ বাৰ্তা তাইৰ ওচৰলৈ পঠিয়াবলৈ চেষ্টা কৰিছিল যদিও দেৱতাৰ হৈ তেওঁ দিয়া উপযুক্ত যুক্তি দময়ন্তীৰ বাবে গ্ৰহণযোগ্য নাছিল, তেওঁ দেৱতাৰ অনুগ্ৰহ নিবিচৰা এজন মানুহৰ সন্ধানত আছিল। নলে সতৰ্কবাণী কৰিছিল যে দেৱতাই তাইৰ বিবাহিত জীৱনত সমস্যা আৰু বাধাৰ সৃষ্টি কৰিব৷ যদি তাই আন কাৰোবাক বাছি লয়, তেন্তে তাইৰ নলৰ প্ৰতি থকা অটল প্ৰেমৰ পৰা আঁতৰি নাযায়। অৱশেষত নলই নিজৰ পৰিচয় প্ৰকাশ কৰি হাৰেমৰ পৰা ওলাই যায়। চাৰিওজন দেৱতাই নলৰ সৈতে একে ৰূপ ধাৰণ কৰিছিল আৰু নলৰ সৈতে তাত আছিল, কাৰ্যতঃ পাঁচজন নল উপস্থাপন কৰিছিল। বিষ্ণুৰ আদেশত বিদ্বানৰ দেৱী সৰস্বতী দময়ন্তীৰ কইনাধৰা হৈ পৰিল। তাই ৰাজকুমাৰীক ৰজাসকলৰ ওচৰলৈ লৈ গৈ প্ৰত্যেকৰে গুণ-গৰিমাৰ কথা উচ্চস্বৰে ক’লে, কিন্তু তেওঁলোক সকলোকে দময়ন্তীয়ে নাকচ কৰিলে। অৱশেষত ৰাজকুমাৰীক পাঁচ নলৰ আগলৈ অনা হ’ল। সৰস্বতীয়ে প্ৰতিজন দেৱতাক এনেদৰে বৰ্ণনা কৰিছিল যে তেওঁৰ সেই দেৱতাৰ বাবে আৰোপ কৰিব পৰা কথাবোৰো তেওঁৰ বৰ্ণনাত সন্নিবিষ্ট হৈছিল। দময়ন্তী বিমোৰত পৰিল। তাই অনুভৱ কৰিছিল যে নল বহুতো জ্ঞানত পাকৈত আৰু আনকি তেওঁ ঘোঁৰাৰ উদ্দেশ্যও বুজিব পাৰে আৰু সেয়েহে তেওঁ তাত নিজকে পাঁচটা ৰূপত উপস্থাপন কৰি আছিল। তাই প্ৰকৃত নলক চিনিব নোৱাৰিলে আৰু যন্ত্ৰণাৰ মাজত দেৱতাসকলক তেওঁলোকৰ পৰিচয় প্ৰকাশ কৰি নলক বাছি ল’বলৈ সক্ষম কৰিবলৈ প্ৰাৰ্থনা কৰিলে। তাই দেখিলে যে দেৱতাসকলে ভৰিৰে মাটি স্পৰ্শ নকৰে, চকু টিপিয়াই নাথাকে আৰু শৰীৰত ঘাম নাথাকে। তেওঁলোকৰ মালাবোৰ ম্লান নহ’ল। এইদৰে শেষত তাই তেওঁলোকৰ পৰিচয়ৰ বিষয়ে নিশ্চিত হৈ পৰিল। নলৰ পৰিচয় গম পোৱাৰ লগে লগে লাজে তাইৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ ল’লে। তাই নলৰ ডিঙিত মালা দিব লাগে কিন্তু তেনে কৰিবলৈ তাইৰ আঙুলিবোৰ অলপো লৰচৰ নহ’ল, সংযম আৰু লাজ-লজ্জাই তাইক স্তব্ধ কৰিছিল। তাই ন (শব্দ নহয়) আখৰটো উচ্চাৰণ কৰি সৰস্বতীৰ কাণত ফুচফুচাই ক’লে আৰু ৰৈ গ’ল। এই কথা শুনি হাঁহি থকা সৰস্বতীৰ আঙুলিত তাই চুই গ’ল। কইনাধৰাজনীয়ে ৰাজকুমাৰীক নলৰ আগলৈ লৈ গৈ দেৱতাক সম্বোধন কৰি ক’লে যে সতী দময়ন্তীয়ে তেওঁলোকৰ কোনো এজনকো বাছি নল’লে আৰু এতিয়া ৰাজকুমাৰীৰ ওপৰত তেওঁলোকৰ অনুগ্ৰহৰ বৃষ্টি বৰষিবলৈ অনুৰোধ কৰিলে। চকুৰ পচাৰতে দেৱতাসকলে সন্মতি দি নিজ নিজ ঠাইলে উভতি আহিল। তাৰ পিছত মহা ধুমধামেৰে বিবাহ অনুষ্ঠিত হ’ল৷ নিজৰ নিজৰ অঞ্চললৈ উভতি অহা দেৱতাসকলক দুষ্ট কলিয়ে লগ পায় আৰু দময়ন্তীৰ পছন্দৰ বিষয়ে জানিব পাৰে। বিবাহিত যুটীটোৰ সুখী জীৱন নষ্ট কৰাৰ পণ লৈ তেওঁ নলৰ অট্টালিকাৰ গছ এজোপাৰ ওপৰত নিজৰ স্থান ল'লে। শেষৰ পাঁচটা কাণ্ডত নল আৰু দময়ন্তীৰ সুখী জীৱনৰ বিষয়ে আলোচনা কৰা হৈছে। কবিয়ে এই দিশত মনোযোগ লৈছে যাতে নলে তেওঁৰ ধৰ্মীয় কামত আচৰণৰ নিয়মৰ উলংঘা নকৰে। চন্দ্ৰাৱলী নিশা দময়ন্তীৰ সৌন্দৰ্য বৰ্ণিত কৰি হঠাতে কবিতাটোৰ অন্ত পৰিছে। তথ্য সূত্ৰ সংস্কৃৃত
85600
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A7%B0%20%E0%A6%85%E0%A6%A7%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A7%B0
নাৰীৰ অধিকাৰ
নাৰীৰ অধিকাৰ হৈছে বিশ্বজুৰি মহিলা আৰু ছোৱালীৰ বাবে দাবী কৰা অধিকাৰ আৰু প্ৰাপ্য। এই দাবী আৰু অধিকাৰে ১৯ শতিকাত নাৰী অধিকাৰ আন্দোলন আৰু ২০ আৰু একবিংশ শতিকাৰ সময়ছোৱাত নাৰীবাদী আন্দোলনৰ ভিত্তি গঠন কৰিছিল। কিছুমান দেশত এই অধিকাৰসমূহ আইন, স্থানীয় ৰীতি-নীতি আৰু আচৰণৰ দ্বাৰা প্ৰতিষ্ঠানিক বা সমৰ্থিত হয়, আনহাতে কিছুমান দেশত ইয়াক আওকাণ আৰু দমন কৰা হয়। মহিলাৰ অধিকাৰৰ ধাৰণাসমূহৰ সৈতে সাধাৰণতে জড়িত বিষয়সমূহৰ ভিতৰত আছে শাৰীৰিক অখণ্ডতা আৰু স্বায়ত্তশাসনৰ অধিকাৰ, যৌন হিংসাৰ পৰা মুক্ত হোৱাৰ অধিকাৰ, ভোটদান, ৰাজহুৱা পদবীত অধিষ্ঠিত হোৱা, আইনী চুক্তিত স্বাক্ষৰ কৰা, পৰিয়াল আইনত সমান অধিকাৰ থকা, কৰ্মৰ সুযোগ, উচিত মজুৰি বা সমান দৰমহা, প্ৰজনন অধিকাৰ থকা, সম্পত্তিৰ মালিক হোৱা, আৰু শিক্ষা। প্ৰাচীন ইতিহাস মেছ'পটেমিয়া প্ৰাচীন চুমেৰৰ মহিলাসকলে সম্পত্তি ক্ৰয়, মালিক, বিক্ৰী আৰু উত্তৰাধিকাৰীৰ মৰ্যাদা লাভ কৰিব পাৰিছিল। তেওঁলোকে বাণিজ্যত জড়িত হ'ব পাৰিছিল, আৰু আদালতত সাক্ষী হিচাপে সাক্ষ্য দিব পাৰিছিল। তথাপিও তেওঁলোকৰ স্বামীয়ে তেওঁলোকক মৃদু উলংঘাৰ বাবে বিবাহ বিচ্ছেদ কৰিব পাৰিছিল,আৰু বিবাহ বিচ্ছেদ হোৱা স্বামীয়ে সহজেই আন এগৰাকী মহিলাক পুনৰ বিয়া কৰাব পাৰিছিল, যদিহে তেওঁৰ প্ৰথম পত্নীয়ে তেওঁৰ কোনো সন্তান জন্ম নিদিয়ে। ইজিপ্ত প্ৰাচীন মিচৰত মহিলাসকলেও আইনৰ অধীনত পুৰুষৰ দৰেই অধিকাৰ লাভ কৰিছিল, অৱশ্যে সঠিক প্ৰাপ্য সামাজিক শ্ৰেণীৰ ওপৰত নিৰ্ভৰশীল আছিল। মাটিৰ সম্পত্তি মাতৃৰ পৰা কন্যালৈ মহিলা শৃংখলত ত নামি আহিছিল আৰু মহিলাসকলে নিজৰ সম্পত্তি নিজেই পৰিচালনা কৰাৰ অধিকাৰ আছিল। প্ৰাচীন ইজিপ্তৰ মহিলাসকলে কিনিব পাৰিছিল, বিক্ৰী কৰিব পাৰিছিল, আইনী চুক্তিৰ অংশীদাৰ হ’ব পাৰিছিইচ্ছাপত্ৰৰইলৰ নিষ্পত্তিকাৰী আৰু আইনী নথি-পত্ৰৰ সাক্ষী হ’ব পাৰিছিল, আদালতৰ গোচৰ তৰিছিল আৰু সন্ততুলি্তক ল’ব পাৰিছিল। ভাৰত বৈদিক যুগৰ আৰম্ভণিতেমহিলাসকলে জীৱনৰ সকলো দিশতে পুৰুষৰ সমান মৰ্যাদা লাভ কৰিছিল। প্ৰাচীন ভাৰতীয় ব্যাকৰণবিদ পতঞ্জলি আৰু কাত্যায়নৰ গ্ৰন্থৰ পৰা অনুমান কৰিব পাৰি যে প্ৰথম বৈদিক যুগত নাৰী শিক্ষিত আছিল। ঋগ্বেদিক সময়ৰ পৰা অনুমান কৰিব পাৰি যে নাৰীয়ে পূৰ্ণবয়স্ক বয়সত বিবাহপাশত আবদ্ধ হৈছিল আৰু সম্ভৱতঃ স্বয়ংভাৰ বা গন্ধৰ্ব বিবাহ নামৰ প্ৰথাত নিজৰ স্বামী বাছনি কৰাৰ ক্ষেত্ৰত স্বাধীন আছিল। গ্ৰীচ যদিও প্ৰাচীন গ্ৰীচৰ চহৰ ৰাজ্যসমূহত বেছিভাগ মহিলাৰ ৰাজনৈতিক আৰু সম অধিকাৰৰ অভাৱ আছিল, প্ৰাচীন যুগলৈকে তেওঁলোকে এক নিৰ্দিষ্ট গতিবিধিৰ স্বাধীনতা লাভ কৰিছিল। প্ৰাচীন ডেলফি, গৰ্টিন, থেছালি, মেগাৰা আৰু স্পাৰ্টাত মহিলাসকলে মাটিৰ মালিক হোৱাৰ তথ্যও আছে, যিটো সেই সময়ত ব্যক্তিগত সম্পত্তিৰ আটাইতকৈ সন্মানীয় ৰূপ আছিল। কিন্তু যুগৰ পিছত পদাধীকাৰীসকলে লিংগ পৃথকীকৰণ আইন প্ৰণয়ন কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত মহিলাৰ অধিকাৰ হ্ৰাস পায়। চীন সমগ্ৰ ঐতিহাসিক আৰু প্ৰাচীন চীনৰ মহিলাসকলক নীচ বুলি গণ্য কৰা হৈছিল আৰু কনফুচিয়াছ আইনৰ ভিত্তিত তেওঁলোকক আইনী মৰ্যাদা আছিল।সাম্ৰাজ্যবাদী চীনত "তিনিটা আজ্ঞাবহতা"ই কন্যাক পিতৃৰ আজ্ঞা পালন কৰিবলৈ, পত্নীক স্বামীৰ আজ্ঞা পালন কৰিবলৈ আৰু বিধৱাসকলক পুত্ৰৰ আজ্ঞা পালন কৰিবলৈ প্ৰচাৰ কৰিছিল। মহিলাসকলে ব্যৱসায় বা ধন-সম্পত্তিৰ উত্তৰাধিকাৰী হ'ব নোৱাৰিছিল আৰু এনে আৰ্থিক উদ্দেশ্যত পুৰুষে পুত্ৰক তুলি ল'বলগীয়া হৈছিল। সাম্ৰাজ্যবাদী আইনখনৰ শেষৰ ফালেও সাতটা ভিন্ন ধৰণৰ বিবাহ বিচ্ছেদৰ কথা উল্লেখ কৰা হৈছিল। যদিহে পত্নীয়ে পুত্ৰ জন্ম দিব নোৱাৰে, ব্যভিচাৰ কৰে, শহুৰেকৰ আজ্ঞা অমান্য কৰে, অত্যধিক কথা কয়, চুৰি কৰে, ঈৰ্ষান্বিত হয় বা কোনো দুৰাৰোগ্য বা ঘৃণনীয় ৰোগ বা বিকাৰত ভুগি থাকে তেন্তে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব পাৰে।কিন্তু স্বামীৰ বাবেও সীমা আছিল যেনেঃ নাৰীয়ে য চীেওঁৰমহিলাৰ মৰ্যাদাও কম আছিল, ইয়াৰ মূল তেন্তেণস্বামীয়ে বিচ্ছেদ কৰিব নোৱাৰিছিল। একেটা কথাই খাটিছিল যদিহে স্ত্ৰীগৰাকীৰ ভৰি বান্ধি ৰখা প্ৰথা। ১৯ শতিকাত প্ৰায় ৪৫% চীনা মহিলাৰ ভৰি বান্ধিছৰখা প্ৰথা িল। উচ্চ শ্ৰেণীৰ পাছলৈ ধনী হ'ল।য়ে। ভৰি বান্ধিবলৈ হাড়ৰ গঠন সলনি কৰা হৈছিল যাতে ভৰি ত্ৰ প্ৰায় চাহেৰি ইঞ্চিমান দীঘল হয়। বান্ধি থোৱা ভৰি দুখনে চলাচলত অসুবিধাৰ সৃষ্টি কৰিছিল, যাৰ ফলত মহিলাসকলৰ কাম-কাজ বহু পৰিমাণে সীমিত হৈ পৰিছিল। তথ্যউৎস নাৰীবাদ নাৰীবাদী
71706
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A7%81%E0%A6%AD%E0%A6%82%E0%A6%95%E0%A7%B0
শুভংকৰ
শুভংকৰ হৈছে কোনো ব্যক্তি, জন্তু বা অন্যকোনো বস্তু, যিয়ে সৌভাগ্য কঢ়িয়াই অনা বুলি বিশ্বাস কৰা হয় বা যিকোনো দল যেনে শিক্ষানুষ্ঠান, পেছাদাৰী খেলুৱৈৰ দল, সমিতি, সেনা দল বা ব্ৰেণ্ড নাম আদিৰ ৰাজহুৱা পৰিচয় বহন কৰে। উপভোক্তা পণ্যৰ বাবে কাল্পনিক প্ৰতিনিধি মুখপাত্ৰ হিচাপে শুভংকৰৰ প্ৰয়োগ হয়। খেলৰ জগত খনত মাৰ্চেণ্ডাইজিংৰ বাবেও ইয়াৰ ব্যৱহাৰ হয়। সাধাৰণতে ই কোনো দল এটাৰ গোপন নামৰ সৈতে সম্পৰ্কিত। ইতিহাস শুভংকৰ শব্দটিৰ ইংৰাজী প্ৰতিশব্দ ফৰাচী শব্দ -ৰ পৰা সৃষ্টি হোৱা, যাৰ অৰ্থ হৈছে সৌভাগ্যকৰ্ষক। ইয়াৰ দ্বাৰা যিকোনো ঘৰুৱা সৌভাগ্য বাহকক বুজোৱা হয়। এই শব্দটি ১৮৬৭ চনত প্ৰথম বাৰৰ বাবে এগৰাকী ফৰাচী ৰচনাকাৰ এডমণ্ড অ'ড্ৰেনৰ দ্বাৰা ব্যৱহাৰ হৈছিল যি ১৮৮০ চনত পৰিবেশনৰ বাবে 'দ্য অ'পেৰা লা মেচকট' লিখিছিল। ১৮৮১ চনত এই শব্দটো ইংৰাজী ভাষাত অন্তৰ্ভুক্ত হয়। অৱশ্যে ইয়াৰ আগলৈকে এই শব্দটো ফ্ৰান্সৰ লোকসকলৰ বাবে পৰিচিত আছিল আৰু ইয়াক বাজী তাসকলে শ্লেং বা অপশব্দ হিচাপে ব্যৱহাৰ কৰিছিল। এই শব্দটো যাদুকৰী বা ডাইনী বুজোৱা শব্দ মেচক'ৰ পৰা উদ্ভৱ হোৱা। ঊনবিংশ শতিকাৰ আগলৈকে মেচকট শব্দটো কেশবন্ধনী বা চলিত জাহাজত খোদিত মূৰ্তি আদিৰ দৰে জড় বস্তুৰ সৈতে সম্পৰ্কিত আছিল। কিন্তু সেই সময়ৰ পৰা বৰ্তমানলৈকে, এই শব্দটো সৌভাগ্যসূচক জন্তু, বস্তু আদিৰ সৈতে জড়িত হৈ আহিছে। বিভিন্ন ক্ষেত্ৰত শুভংকৰ ক্ৰীড়া ক্ৰীড়া দল সমূহৰ বহুতৰে অফিচিয়েল শুভংকৰ আছে, আটাইতকৈ পুৰণিবোৰৰ ভিতৰত ১৯০৮ চনত চিকাগো কাবছৰ টেক্সিডাৰ্মি মাউণ্ট, আৰু পিছত একেটা দলে ১৯১৬ চনত এটা জীৱিত জন্তু ব্যৱহাৰ কৰে। কিছুদিন পিছতে তেওঁলোকে এই জন্তু বিধক বাৰণ কৰে আৰু ২০১৪ চনলৈকে কোনোধৰণৰ শুভংকৰ ব্যৱহাৰৰ পৰা বিৰত থাকে। পিছলৈ এই দলটোৱে শুভংকৰ আন এটা সংস্কৰণ প্ৰৱৰ্তন কৰিছিল যিটো আছিল পোছাক পৰিহিত এজন ব্যক্তি। আমেৰিকা যুক্তৰাষ্ট্ৰত ক্ৰীড়া দলৰ যুৱ অনুৰাগীসকলে শুভংকৰ ভূমিকা পালন কৰে। এই প্ৰতিনিধিসকলৰ বহুতেই চিকিৎসাজনিত সমস্যাত ভোগা, আৰু তেওঁলোকৰ ইচ্ছাৰ প্ৰতি খেলুৱৈৰ দল সমূহে বা বিজয়ী খেলুৱৈয়ে এনেদৰে সন্মান প্ৰদৰ্শন কৰে। ইয়াৰোপৰি বৃদ্ধ বা বয়স্ক লোককো ৰাষ্ট্ৰীয় ক্ৰীড়া সংস্থাবোৰে প্ৰতিনিধি দলবোৰৰ বাবে শুভংকৰৰ ভূমিকা পালনৰ হেতু আমন্ত্ৰণ কৰে। অলিম্পিকৰ শুভংকৰবোৰৰ ভিতৰত আছে বিভিন্ন কাল্পনিক চৰিত্ৰ, সাধাৰণতে অঞ্চল একোটাৰ স্থানীয় প্ৰাণী বা মানৱ ব্যক্তিত্ব, যি অলিম্পিক আৰু পেৰালিম্পিক গেমছ অনুষ্ঠিত হোৱা ঠাইখনৰ সাংস্কৃতিক ঐতিহ্যক প্ৰতিনিধিত্ব কৰে। শুভংকৰবোৰে প্ৰায়ে অলিম্পিক গেমছক কম বয়সীয়া দৰ্শক, বিশেষকৈ শিশু আৰু শিশুৰ বাবে মূল আকৰ্ষণ হৈ পৰে। ইয়াৰ দ্বাৰা ক্ৰীড়াৰ প্ৰতি তেওঁলোকৰ আগ্ৰহক প্ৰেৰিত কৰা হয়। শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা বিভিন্ন শীতকালীন/গ্ৰীষ্মকালীন অলিম্পিক খেলৰ শুভংকৰবোৰৰ ভিতৰত আছে 'মিগা', 'কোৱাটচি', 'মুকমুক' (ভেঙ্কুভাৰ, ২০১০), 'ৱেনলক আৰু মেণ্ডেভিল' (লণ্ডন, ২০১২), 'বেলি মিস্কা', 'বৰফৰ বাঘ', 'জাইকা' (চচি, ২০১৪) আৰু 'ভিনিচিয়াছ' আৰু 'টম' (ৰিঅ', ২০১৬) এই প্ৰতিটোৱেই তেওঁলোকৰ নিজ নিজ প্ৰতিনিধিত্ব দেশ সমূহত একোটা আইকনিক প্ৰতীক হৈ পৰিছে। ২০০৭ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ, অৰ্থাৎ ভাৰতৰ ৩৩ তম ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ, অসমৰ সৰুসজাই খেলপথাৰত ৯ ফেব্ৰুৱাৰী ২০০৭ ৰ পৰা ১৮ ফেব্ৰুৱাৰী ২০০৭ লৈ অনুষ্ঠিত হৈছিল। এই ক্ৰিয়া অনুষ্ঠানৰ শুভংকৰ আছিল 'ৰংমন'। ৰংমন হৈছে হাতত জুইৰ শিখা লৈ থকা এটা প্ৰতীকী শুভংকৰ যাৰ শিৰ অংশ আছিল অসম গৌৰৱ এশিঙীয়া গঁড়ৰ আৰু তলৰ অংশ আছিল এজন বিহুৱা ডেকাৰ। ব্যৱসায়িক নিগম বণিজৰ জগত খনত শুভংকৰ বা বিজ্ঞাপনৰ চৰিত্ৰবোৰ প্ৰায়ে দেখা যায়। এনে শুভংকৰবোৰৰ ভিতৰত আছে 'চেষ্টাৰ চিতা', 'কিবলাৰ এল্ফ', 'দ্য ফ্ৰুট অফ দ্য লুম গাইজ', 'মিকি মাউচ', লিটল চিজাৰৰ বাবে 'পিজ্জা পিজ্জা গাই', 'ৰকি দ্য এল্ফ', 'কোকা-কোলা ভালুক' আৰু 'এনবিচি পিকক'। এই চৰিত্ৰবোৰৰ জনপ্ৰিয়তাৰ বাবে সাধাৰণতে পিছলৈ কোম্পানী বা ব্ৰেণ্ডৰ নাম উল্লেখ নকৰাকৈয়ে পণ্য সম্পৰ্কে মানুহ জ্ঞাত। বিজ্ঞাপনৰ অনুমতি নথকা সামগ্ৰীৰ ক্ষেত্ৰত শুভংকৰবোৰে ব্ৰেণ্ডৰ মুখ্য প্ৰতিনিধি হিচাপে ভূমিকা পালন কৰিবলৈ সক্ষম হয়। উদাহৰণ স্বৰূপে, এনে বহু ব্যৱসায়ৰে জড়িত শুভংকৰ বোৰে অলাভজনক অনুষ্ঠান, বা ক্ৰীড়াত অংশগ্ৰহণ কৰিব পাৰে আৰু দৰ্শকৰ মনোৰঞ্জন কৰোঁতে তেওঁলোকৰ ব্ৰেণ্ডৰ প্ৰচাৰ সম্ভৱ হৈ উঠে। কিছুমান শুভংকৰ হৈছে কেৱল কাৰ্টুন বা ভাৰ্চুৱেল চৰিত্ৰ, আন কিছুমান বিজ্ঞাপনৰ চৰিত্ৰ, ইয়াৰ উপৰি কিছুমান প্ৰকৃততে পোছাক হিচাপে সৃষ্টি কৰা হয় আৰু ট্ৰেডশ্ব' বা বিভিন্ন অনুষ্ঠানত ৰাইজৰ সন্মুখত এই পোছাক পৰিহিত বিভিন্ন ভাৱ ভংগীৰ লোকক দেখা যায়। চৰকাৰী জাপানত শুভংকৰ জাপানত পৌৰসভা সমূহৰ বহুতৰে শুভংকৰ আছে, যাক য়ুৰু-চাৰা হেপবাৰ্ণ: য়ুৰু কিয়াৰা) বুলি জনা যায়। য়ুৰু-চাৰাৰ দ্বাৰা বিভিন্ন ব্যাৱসায়িক গোষ্ঠীয়ে তেওঁলোকৰ সামগ্ৰীৰ প্ৰচাৰৰ বাবে সৃষ্টি কৰা শুভংকৰবোৰ বুজোৱা হয়। নাছাৰ শুভংকৰ কেমিলা কৰোনা এছডিঅ' হৈছে নাছাৰ সৌৰ গতিবিজ্ঞান পৰ্যৱেক্ষণালয়ৰ (এছডিঅ') মিছন মেচকট আৰু ই শিক্ষা আৰু ৰাজহুৱা প্ৰসাৰৰ (ইপিঅ') সৈতে এই অভিযানটোক সহায় কৰে। সেনা বাহিনীৰ শুভংকৰ সামৰিক গোটবোৰতো শুভংকৰ জনপ্ৰিয়। ৰয়েল ৱেলছৰ ছাগলীটো আনুষ্ঠানিকভাৱে এটা শুভংকৰ নহয় যদিও ই এক ৰেংকিংযুক্ত সৈনিক। লেন্স কৰ্পোৰেল উইলিয়াম উইণ্ডচাৰ নামৰ ছাগলীটোৱে ২০০৯ চনৰ ২০ মে' তাৰিখে অৱসৰ গ্ৰহণ কৰে, আৰু এই স্থানত "উইলিয়াম উইণ্ডছৰ ২"ক আনি সেই বছৰৰ ১৫ জুনত আনুষ্ঠানিকভাৱে নিয়োগ কৰা হয়। সামাজিক অনুষ্ঠান বিভিন্ন সামাজিক সংগঠন, সমিতি, শিক্ষানুষ্ঠান, সেৱা প্ৰতিষ্ঠান আদিৰো শুভংকৰ থাকে। শিক্ষানুষ্ঠান সমূহৰ প্ৰায়ে উচ্চ-উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয় সমূহৰ বিভিন্ন অনুষ্ঠান আদিত শুভংকৰে ভূমিকা পালন কৰে। ইয়াৰ ভিতৰত কোনো জন্তু, চৌহদত কোনো মূৰ্ত্তি, বিশেষ পোছাক পৰিহিত শিক্ষাৰ্থী হ'ব পাৰে। এনে কিছুমান শুভংকৰ যেনে: 'আৰ্মি মুলেচ' তিনিটা খচ্চৰ, যি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক একাডেমীৰ (ৱেষ্ট পইণ্ট) আৰ্মি ব্লেক নাইটছৰ শুভংকৰ হিচাপে কাম জনা যায়। 'আৰ্টি দ্য ফাইটিং আৰ্টিচোক' ১৯৭০ৰ দশকৰ আৰম্ভণিৰ পৰা স্কটছডেল কমিউনিটি কলেজৰ আৰ্টিচোক মাস্কট। 'আৰ্ভি দ্য গোল্ডেন ঈগল' ৰক ভেলী কলেজৰ গোল্ডেন ঈগল মাস্কট। ২০১৩ চনৰ শেষৰ ফালে এই মাস্কটটো উদ্বোধন কৰা হৈছিল। অসমৰ বড়োলেণ্ড অঞ্চলত উপলব্ধ দুষ্পাপ্য সোণালী বান্দৰ এই অঞ্চলৰ শুভংকৰ বুলি মনা হয়। তথ্যসূত্ৰ
4360
https://as.wikipedia.org/wiki/%E0%A6%86%E0%A6%95%E0%A6%BF%E0%A7%B0%E0%A6%BE%20%E0%A6%95%E0%A7%81%E0%A7%B0%E0%A7%8B%E0%A6%9B%E0%A6%BE%E0%A7%B1%E0%A6%BE
আকিৰা কুৰোছাৱা
আকিৰা কুৰোছাৱা জন্ম:২৩ মাৰ্চ, ১৯১০ মৃত্যু: ৬ ছেপ্টেম্বৰ, ১৯৮৮), জাপানৰ চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু সম্পাদক। জাপানৰ চলচিত্ৰক বিশ্বদৰবাৰত পৰিচয় কৰাই দিয়াৰ উপৰিও বিশ্বৰ চিনেমা ইতিহাসত কুৰোছাৱা এটা লেখত লবলগীয়া নাম। কাৰ্য্যৰত ৫৭-টা বছৰত তেখেতে ৩০ খন চলচিত্ৰ নিৰ্মান কৰে। চমু জীৱনী কুৰোছাৱাৰ জন্ম হৈছিল ১৯১০ চনৰ ২৩ মাৰ্চত। জন্মস্থান আছিল টোকিঅ'ৰ অইমাচি জিলা। এক প্ৰাচীন ছামুৰাই পৰিয়ালৰ বংশধৰ আছিল পিতৃ ইছামু; আৰু মাতৃ ছিমা আছিল এক সম্ভ্ৰান্ত বনিক পৰিয়ালৰ জীয়ৰী। আঠগৰাকী সন্তানৰ শেষৰজন আছিল আকিৰা। পিতৃ ইছামুৱে ছামুৰাই নিয়ম-নীতি আৰু কঠোৰ অনুশাসন মানি চলাত গুৰুত্ব আৰোপ কৰি আহিছিল। একেসময়তে তেখেতে সেই সময়ত জাপানত প্ৰচলিত জাপানী আৰু পাশ্চাত্যৰ ছবি দেখুৱাবলৈ নিজৰ সতি সন্ততিক সততে লৈ গৈছিল। ইছামুৱে বিশ্বাস কৰিছিল যে চলচিত্ৰৰ এটা শিক্ষামূলক দিশ আছে। মৰিমুৰা গাকুয়েন প্ৰাথমিক বিদ্যালয়ত আকিৰাৰ নাম ভৰ্তি কৰি দিয়া হৈছিল। কিন্তু ধৰা-বন্ধা ৰুটিনৰ মাজৰ শিক্ষাক আকিৰাই বেয়া পাইছিল। আকিৰাৰ নিজৰ লেখনী মতে সেই স্কুলৰ দুটা বছৰ আছিল 'নৰক যন্ত্ৰণাৰ সমান'। পাছত আকিৰাক কুৰোডা প্ৰাথমিক বিদ্যালয়ত ভৰ্তি কৰি দিয়া হয়। এইখন স্কুলত প্ৰাচীন জাপানী আচাৰ০ব্যৱহাৰ মানি চলা হৈছিল। আকিৰা সৰু কালত 'পেন্দুকনা' স্বভাৱৰ আছিল, যাৰ বাবে সমনীয়াই প্ৰায়েই তেওঁৰ নগুৰ-নাগতি কৰিছিল। এই স্কুলতে পঢ়া দদায়েক হাইগোয়ে আকিৰাৰ মনত প্ৰত্যয় জন্মাবলৈ চেষ্টা কৰে। স্কুলৰ কলা বিভাগৰ শিক্ষক 'তাচিকাওৱা ছেইজি'ৰ শ্ৰেণীত আকিৰাই অঁকা এখন ছবিৰ তেখেতে উচ্চ প্ৰশংসা কৰে। সেই ছবিখন আঁকোতে আকিৰাই পেন্সিলডাল ভালকৈ ব্যৱহাৰ কৰিব নাজানি আঙুলিৰে ৰঙ বোলাইছিল। এই ঘটনাৰ পাছতে আকিৰাই স্কুল ভাল পাবলৈ আৰম্ভ কৰে। ছাত্ৰ হিচাপে কুৰোছাৱা আছিল নিম্নখাপৰ। বিজ্ঞান সম্পৰ্কীয় শিক্ষা আহৰণ কৰিবলৈ তেওঁ কষ্ট কৰিবলগীয়া হৈছিল। তেখেতে নিজেই কোৱা মতে আনকি বয়স্ক হোৱাৰ পাছতো বিজ্ঞানৰ প্ৰতি তেখেতৰ ভয় কমি যোৱা নাছিল। প্ৰাথমিক বিদ্যালয় পৰ্ব সাং কৰি আকিৰা ভৰ্তি হয় কাইকা মাধ্যমিক স্কুলত। এই স্কুলত পঢ়াৰ সময়ত আকিৰাই শাৰীৰিক শিক্ষা বিষয়ত শুন্য নম্বৰ পাই এটা ৰেকৰ্ড সৃষ্টি কৰে। ইয়াতেই ছবি অঁকাৰ প্ৰতিও তেখেতৰ ধাউতি বাঢ়ি আহে। দেউতাকে আকিৰাৰ ছবি অঁকাক উৎসাহ দি আৰ্ট স্কুলত ভৰ্তি হ'বলৈ কয়। আকিৰাৰ মতে প্ৰথাগত শিক্ষা সময়ৰ অপচয় মাথো। তথাপিও দেউতাকৰ কথা মতে তেওঁ আৰ্ট স্কুলত ভৰ্তি হ'বলৈ প্ৰবিশেকা পৰীক্ষা দিয়ে। প্ৰবেশিকা পৰীক্ষাত তেখেত অনুত্তীৰ্ণ হয়। ১৭ বছৰ বয়সত তেখেতে মাধ্যমিক শিক্ষা সাং কৰে। ইতিমধ্যে তেওঁৰ ছবি প্ৰদৰ্শনীত ওলাবলৈ আৰম্ভ কৰিছিল। এনে সময়তে আহি পৰে ১৯২৮ চন আৰু পৃথিৱী ব্যাপি চলা অৰ্থনৈতিক সংকট। শ্ৰমিক আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰে আৰু প্ৰতিক্ৰিয়া স্বৰূপে সামৰিক শাসনে তাক বাধা দিবলৈ কমিউনিষ্ট নেতা সকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰে। কুৰোছাৱা কিন্তু সেই সময়ত ব্যস্ত আছিল ছবি অঁকা, ৰুছী সাহিত্য পাঠ আৰু বিদেশী ছবি চোৱাত। বেছিদিন আকিৰা সেই আন্দোলনৰপৰা আঁতৰি নাথাকিল। বামপন্থী আন্দোলনৰ লগত তেওঁ জড়িত হৈ পৰে। তেনতে শৰীৰ বেয়া হোৱাৰ বাবে তেওঁ আন্দোলনৰপৰা আঁতৰি আহে আৰু গা টঙাই লোৱাৰ পাছতো তেওঁ আন্দোলনৰ পথলৈ উভতি যাব নুখুজিলে। নিজৰ মতেই তেখেতৰ বামপন্থী বিশ্বাস কেতিয়াও সিমান গাঢ় নাছিল। তেওঁ হেনো বামপন্ধাৰ কিতাপবোৰ ভালকৈ বুজি নাপাইছিল। এইবাৰ তেওঁ দদায়েক হাইগোৰ ওচৰলৈ যায়। সেই সময়ত হাইগোৱে বিদেশী ছবিৰ ধাৰাভাষ্যকাৰ হিচাপে কাম কৰিছিল। তেওঁৰ কাম আছিল ছবি চলি থকা সময়ত নাটকীয় ভাৱে নিৰ্বাক ছবিবোৰৰ কাহিনী বৰ্ণনা কৰা। কুৰোছাৱাই এটা বছৰ তেখেতৰ লগত থাকি বহুতো বিদেশী ছবি চোৱাৰ সুযোগ পায়। সেই সময়তে সবাক ছবিৰ প্ৰচলন ঘটে আৰু ধাৰাভাষ্যকাৰৰ কাম বন্ধ হৈ যায়। আকিৰা আকৌ দেউতাকৰ ওচৰলৈ ঘূৰি আহে আৰু সোনকালেই তেখেতৰ অগ্ৰজ হাইগোৱে আত্মহত্যা কৰে। হাইগোৰ মৃত্যুত চঞ্চল হৈ উঠা আকিৰাই কেবাটাও কাম হাতত লৈ বাদ দিয়ে। ১৯৩৫ চনত বাতৰি-কাকতৰ এটা বিজ্ঞাপন দেখি তেওঁ তাৰ প্ৰত্যুত্তৰত জাপানী ছবিৰ মৌলিক ক্ৰুটিৰ ওপৰত এখন ৰছনা লিখি সেই কোম্পানীলৈ পঠিয়াই দিয়ে। প্ৰথমে ৰছনা, পাছত এখন চিত্ৰনাট্য আৰু শেষত মৌখিক পৰীক্ষাৰ পাছত পি. চি. এল. ষ্টুডিঅ'ত তৃত্বীয় সহকাৰী পৰিচালক হিচাপে তেওঁ নিযুক্তি লাভ কৰে। প্ৰথমে সহকাৰী পৰিচালকৰ কামত অসন্তুষ্ট হ'লেও 'ইয়ামামাটো কাজিৰো'ৰ (ইয়ামা অধীনত কাম কৰি তেওঁ নতুন জীৱন লাভ কৰে। তেখেতৰ অধীনত কাম কৰিয়েই আকিৰাই তৃত্বীয় পৰিচালকৰপৰা প্ৰধান সহকাৰী পৰিচালক হিচাপে পদোন্নতি লাভ কৰে। 'ইয়ামা চান'ক আকিৰাই নিজৰ শিক্ষক বুলি অভিহিত কৰে। ইয়ামা চানে কুৰোছাৱাক পৰিচালনা, চিত্ৰনাট্য ৰছনা আৰু সম্পাদনাৰ প্ৰাৰম্ভিক শিক্ষা দিয়ে। ১৯৪১ চনত পি.চি.এল ষ্টুডিঅ' বিশাল টোহো কোম্পানী হিচাপে গঢ় লৈ উঠে। এনে সময়তে তেখেতে লিখা দুখন চিত্ৰনাট্যই দুটা পুৰস্কাৰ লাভ কৰে। তাৰ পাছত তেখেতক নিজৰে চিত্ৰনাট্য 'এ জাৰ্মান এট ডাৰুমা টেম্পল'ৰ পৰিচালনাৰ দাবিত্ব দিয়া হয়। ইতিমধ্যে বিশ্বযুদ্ধৰ ৰণদামামা বাজি উঠাৰ বাবে ফিল্ম চেন্সৰ বোৰ্ডে ছবিখন বাতিল কৰি দিয়ে। চেন্সৰ বোৰ্ডক কুৰোছায়াই সদায়ে প্ৰকৃত কলাৰ শত্ৰু জ্ঞান কৰিছিল। আত্মজীৱনীৰ ভালেমান অংশত তেখেতৰ ক্ষোভৰ প্ৰকাশ ঘটিছে। কুৰোছাৱাই নিৰ্মানৰ বাবে বিবেচনা কৰা দ্বিতীয়খন ছবিও চেন্সৰ বোৰ্ডে বন্ধ কৰি দিয়ে। কিন্তু তৃত্বীয় ছবি 'ছুগাতা ছানছিৰো'ৰ কাম আৰম্ভ হয় ১৯৪২ চনত। চেন্সৰ বোৰ্ডৰ কিছুমান আপত্তি স্বত্তেও ছবি পৰিচালক ওজু-ৰ হস্তক্ষেপত 'ছুগাতা ছানছিৰো'য়ে মুক্তি লাভ কৰিবলে সক্ষম হয়। ১৯৪২ চনৰপৰা ১৯৯৩ চনলৈ আকিৰা কুৰোছাৱাই ৩০ খন ছবি নিৰ্মান কৰিছে। প্ৰায় প্ৰতিখন ছবিয়েই নিজ দেশৰ সীমাৰ বাহিৰতো উচ্চ প্ৰশংসা লাভ কৰি কুৰোছাৱাক কৰি তোলে বিশ্বৰ সৰ্বকালৰ মহান ছবি নিৰ্মাতা আৰু পৰিচালকৰ এজন। ১৯৭১ চনত আৰ্থিক, মানসিক আৰু শাৰীৰিক চাপত ব্যস্ত হৈ কুৰোছাৱাই আত্মহননৰ চেষ্টা কৰে। কিন্তু তেওঁ সেই চেষ্টাত ব্যৰ্থ হয়। কুৰোছাৱা আছিল স্বাধীন চিন্তাৰ প্ৰতিভূ। সেয়ে বাৰে বাৰে তেওঁ চেন্সৰ বোৰ্ডৰ ৰোষত পৰিছিল। কুৰোছাৱাৰ ছবিসমূহ ১. ছানছিৰো ছুগাতা ২. দি মোষ্ট বিউটিফুল ৩. ছানছিৰো ছুগাতা (দ্বিতীয় পৰ্ব) ৪. দা মেন হু ট্ৰেড অন দা ছ ট্ৰেইল ৫. নো ৰিগ্ৰেটছ ফৰ আৱাৰ ইউথ ৬. ওৱান ৱাণ্ডাৰফুল ডে ৭. ড্ৰাঙ্কেন এঞ্জেল ৮. দি কোৱায়েট ডুৱেল ৯. ষ্ট্ৰে ডগ ১০. স্কেণ্ডেল ১১. ৰছোমন ১২. দি ইডিয়ট ১৩. ইকিৰু ১৪. ছেভেন ছামুৰাই ১৫. ৰেকৰ্ড অফ এ লিভিং বিং ১৬. দি থ্ৰোণ অফ ব্লাড ১৭. দি লোৱাৰ ছ ১৮. দি হিডেন ফৰ্ট্ৰেছ ১৯. দি ব্যাড শ্লিপ ৱেল ২০. ইয়াজিম্বো ২১. ছানজুৰো ২২. হাই এণ্ড লো ২৩. ৰেয় বেয়াৰ্ড ২৪. ডোডেস্কাডেন ২৫. দেৰছু উজালা ২৬. কাগেমুছা ২৭. ৰণ ২৮. ছ ২৯. ৰেপছ'ডি ইন আগষ্ট ৩০. মাদাদায়ো তথ্য সমল 1981. 0394714393 পৰিমল মুখোপাধ্যায় "সম্ৰাট আকিৰা কুৰোশোৱা" (প্ৰবন্ধ সংগ্ৰহ) ২০০২. সিনে সেন্ট্ৰাল, ক্যালকাটা তথ্য সংগ্ৰহ জাপানৰ ব্যক্তি মৃত ব্যক্তি চলচ্চিত্ৰ পৰিচালক ৰমন মেগছেছে বঁটা
74671
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A7%8C%E0%A6%96%E0%A6%BF%E0%A6%95%20%E0%A6%B2%E0%A7%8B%E0%A6%95%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF
মৌখিক লোকসাহিত্য
মৌখিক লোকসাহিত্য জাতিৰে নিজস্ব ভাষা আছে আৰু সেই ভাষাৰ মাধ্যমত জাতিৰ সাহিত্য গঢ়ি উঠে। জাতিৰ সাহিত্যই লিখিত ৰূপ পোৱাৰ আগতে মৌলিক গীত মাত, প্ৰবচন, সাধুকথা, ফকৰা যোজনা, পটন্তৰ আদি থকাৰ প্ৰমাণ পোৱা যায়৷ অসমীয়া ভাষাতো তেনে ধৰণৰ লোক গীত, সাধুকথা, প্ৰবচন আদিৰ প্ৰচলন আছিল৷ এইবোৰ সাহিত্যই লিখিত ৰূপ পোৱাৰ আগতে জনসমাজত মুখে মুখে গীত,পদ আদিৰ ৰূপত প্ৰচলিত হৈ আছিল আৰু কালক্ৰমত ইয়েই লোকসাহিত্যৰ ৰূপ লয়৷ অসমীয়া লোকসাহিত্যৰ ভিতৰত প্ৰধানকৈ ১)সাধুকথা ২)ফকৰা যোজনা, পটন্তৰ প্ৰৱচন আৰু ৩)লোকগীত সাধুকথা নৃতত্ত্ব আৰু সমাজতত্ত্বৰ অধ্যয়নৰ ফালৰ পৰা সাধুকথাৰ যথেষ্ট মূল্য আছে৷ সাধুকথাবোৰৰ এটা স্থিৰ ৰূপ নাই৷ সাধু কওঁতাই নিজৰ ৰুচি, অভিৰুচি আৰু সামৰ্থ্য অনুসাৰে বৰ্ণাই যায়৷ উদাহৰণ স্বৰূপে তেজীমলাৰ সাধুটোৰ ভাষা, প্ৰকাশ ভংগী বিভিন্ন বক্তাৰ মুখত বিভিন্ন হৈ পৰে, সাধুটোৰ মূল ঘটনাটোৰহে পৰিবৰ্তন নহয়৷ প্ৰেম-প্ৰীতি, পিতৃস্নেহ, মাতৃস্নেহ, অসূয়া-ঈৰ্ষা, জীয়াই থকাৰ স্পৃহা, জনবিশ্বাস, কুসংস্কাৰ আদি আদিম ভাৱ আৰু অনুভূতি সমূহৰ সৰল আৰু মুকলি প্ৰকাশ সাধুবোৰত দেখা যায়৷ তেজীমলা, তুলা আৰু তেজা, চিলনীৰ জীয়েকৰ, বাৰী পুতেকৰ সাধু ইত্যাদিবোৰ অসমীয়া লোকসাহিত্যৰ এক উল্লেখযোগ্য সম্পদ ফকৰা-যোজনা, প্ৰবচন, পটন্ততৰ ফকৰা-যোজনা, প্ৰবচন, পটন্তৰ, ডাকৰ বচন আদিয়ে অসমীয়া মৌখিক লোক সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছে৷ ফকৰা-যোজনা আৰু প্ৰবচন বোৰত সাংসাৰিক অভিজ্ঞতা, প্ৰচলিত জীৱন চৰ্চা, আচাৰ ব্যৱহাৰ আদিৰ প্ৰভাৱ দেখা যায়৷ অসমীয়া লোক সাহিত্যৰ এক উল্লেখ যোগ্য সম্পদ হ’ল ডাকৰ বচন৷ ডাকৰ বচন সমূহে অসমীয়া সমাজ জীৱনৰ কৃষি সম্পৰ্কীয় জ্যোতিষ বচন, নাৰীৰ লক্ষণ, গাৰ্হস্থ্য নীতি আদি প্ৰতিফলিত কৰে৷ ক) ছয় পো বাৰ নাতি তেহে কৰিবা কুঁহিয়াৰ খেতি৷ খ) মাছে গৰকা আঞ্জা খাবা শাহুৱে গৰকা বোৱাৰী বাবা৷ ডাকৰ বচন) কিছুমান যোজনা বা পটন্তৰত নাৰী মনৰ তথা নাৰী সমাজৰ চিত্ৰ পোৱা যায়৷ এইবোৰৰ ৰচক নাৰী বুলি ঠাৱৰ কৰিব পাৰি৷ ক)আৰ ছিগা চুলি, তাৰ ছিগা চুলি মাৰি যাওঁ নেঘেৰী খোপা৷ খ) মাজ মুৰত নাই চুলি গিৰিয়েকে মাতে কেশমতী বুলি কিন্তু বৰ্তমান আধুনিক সভ্যতাৰ লগত খাপ নোখোৱা বহুতো প্ৰবচন, পটন্তৰ, যোজনা আদি অপ্ৰচলিত হৈ লোপ পাব ধৰিছে। লোকগীত লোকগীতসমূহক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হল- *অনুষ্ঠানমূলক *আখ্যানমূলক *বিবিধ বিষয়ক৷ '''অনুষ্ঠানমূলকগীতবোৰৰ ভিতৰত আইনাম, বিয়া নাম, বিহুগীত, অপেশ্বৰী সবাহৰ গীত, সুবচনীৰ গীত, লখিমী সবাহৰ গীত, মহো-হো গীত, আৰু বিবিধ পূজা পাতলৰ গীত বিশেষভাৱে উল্লেখযোগ্য৷ [[আখ্যানমূলক]]গীতবোৰ হ’ল মণি কোঁৱৰৰ গীত, শান্তি বাৰমাহীৰ গীত, বৰফুকনৰ গীত আদি৷ বিবিধ বিষয়ৰ গীত সমূহৰ ভিতৰত নিচুকণি গীত, গৰখীয়া গীত, নাও খেলোৱা গীত, মহো হো গীত, হাতী মাউতৰ গীত, মৈষাল গীত, জুনা গীত, চটকা গীত, নাঙেলী গীত, চাহ পুৰাণৰ গীত ইত্যাদি৷ বিহুগীতৰ ভিতৰত হুচৰিগীত আৰু বনগীত দুয়োবিধ অন্তৰ্ভুক্ত৷ বহাগ বিহুত গাঁৱৰ ৰাইজে ঢোল পেঁপা তাল আদি লৈ গৃহস্থৰ ঘৰত সামূহিকভাবে গোৱা বিহুগীতেই হুচৰি গীত৷ হুচৰি গীতবোৰৰ মাজেৰে ঈশ্বৰৰ নাম লোৱা হয় আৰু গৃহস্থৰ মংগল কামনা কৰা হয়৷ উদাহৰণঃ কৃষ্ণাইৰ মূৰতে বকুল ফুল এপাহি নিয়ৰ পাই মুকলি হ’ল, গোৱিন্দাই ৰাম৷ এবাটি নহৰু এবাটি পনৰু এবাটি খুটুৰা শাক মুৰৰ চুলি ছিগি আশীৰ্ব্বাদ কৰিছোঁ গৃহস্থ কুশলে থাক৷ আনহাতে বনগীতবোৰ প্ৰধানকৈ ডেকা গাভৰুৰ উদ্দাম জীৱন যৌৱনৰ মুকলি প্ৰকাশ৷ এইবোৰ সাধাৰণতে বিহুতলী, মুকলি পথাৰ অথবা নিৰ্জন বনথলিত গোট খাই গোৱাৰ নিয়ম আছিল৷ বহাগ বিহু বসন্ত উৎসৱৰে এটি অসমীয়া অভিব্যক্তি৷ বসন্তৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে যৌৱন শোভা ধাৰণ কৰে৷ কিছুমান গীতত ডেকাৰ আৰু কিছুমান গীতত গাভৰুৰ মনৰ ভাৱ প্ৰকাশ হোৱা দেখা যায়৷ মুখলৈ কি চাবা পূৰ্ণিমাৰ জোন যেন চকু সৰগৰ তৰা গালৈ কি চাবা সেন্দূৰী আম যেন জিলিকে নিলগৰ পৰা৷ তইনো ক’লিয়া অলিয়া বলিয়া মোকে কৰি গলি বাউল জালিকটা বেৰদি সুহুৰী মাৰিলি হোৱা ভাতক কৰিলি চাউল [[বিয়া নাম]] -অসমীয়া বিবাহ অনুষ্ঠানৰ বিভিন্ন ক্ৰম বা অৱস্থাত আয়তীসকলে গোৱা গীতবোৰ অসমীয়া লোকসাহিত্যৰ মূল্যৱান সম্পদ৷ দৰা আদৰোতে, কন্যা হোমৰ গুৰিত বহোঁতে, সুৱাগ তোলোতে আৰু কন্যা উলিয়াই দিওঁতে আয়তীসকলে বিধে বিধে গীত গায়৷ বিয়া গীতবোৰক সাধাৰণতে দুটা শ্ৰেণীত ভাগ কৰিব পাৰি৷ এক শ্ৰেণী গহীন আৰু ৰুচিপূৰ্ণ, দ্বিতীয় শ্ৰেণীৰ গীতক সাধাৰণতে যোৰা নাম বোলা হয়৷ নামনি অসমত ইয়াক খিচা গীত বোলা হয়৷ মাৰাৰ অলংকাৰ থোৱাহে আইদেউ দেউতাৰাৰ অলংকাৰ থোৱা ৰামে দি পঠাইছে সুৱৰ্ণৰ অলংকাৰ মাথা দোঁৱাই লোৱা হে৷ পাণো আনিলা মেকুৰী কণীয়া তামোলো আনিলা ধেনা কোনি পাৰে হ’লা দৰাৰ ককায়েক দিনতে দুচকু কণা (যোৰা নাম) [[আই নাম]] :-আইনাম, সুবচনীৰ গীত, অপেশ্বৰী সবাহৰ গীত, লখিমী সবাহৰ গীত, গোঁসানী পূজাৰ গীত প্ৰায় একে পৰ্য্যায়ত পৰে৷ নাৰী সমাজতহে এই গীত মাত বোৰ প্ৰচলিত৷ উজায়ে আহিলে আইৰে সতে ভনী বসন্তে বা বলাই টেমাতে আনিছে জাতি চন্দনে সবাকো দিছে পিন্ধাই (আই নাম) এই আই অপেশ্বৰী মণ্ডপে নামিলা সুৱৰ্ণৰ পঞ্চঘটে পূজা আৰম্ভিলা (অপেশ্বৰী সবাহ) আখ্যান মূলক গীত যাক ইংৰাজীত বেলাড্ বোলা হয় যেনেঃ ফুল কোঁৱৰৰ গীত, শান্তি বাৰমাহীৰ গীত, বৰফুকণৰ গীত, মণি কোঁৱৰৰ গীত ইত্যাদি৷ বাৰ বছৰেও নুফুলা ফুলৰ তেতিয়া ধৰিলো শিপা মালিনী বাৰীত পৰি ফুল কোঁৱৰে চৌপাশে মেলিলে হাত৷ (ফুল কোঁৱৰৰ গীত) বাৰমাহীৰ গীত যেনে “বৰ্ষ প্ৰদক্ষিণৰ গীত“ জেঠ মাহতে ৰাধে জেঠুৱাৰে খৰ বনৰ হৰিণা পহু সিও চাপে ঘৰ আহাৰ মাহতে হয় ঘন বৰিষন আমামাক ছাড়ি গৈলা ৰাম নাৰায়ণ ইত্যাদি (শান্তি বাৰমাহীৰ গীত) বিবিধ বিষয়ক গীতৰ ভিতৰত পৰে নিচুকণি গীত, নাও খেলোৱা গীত, মহো হো গীত, নাঙেলী গীত, চাহ পুৰাণৰ গীত, আৰু গোৱালপাৰা অঞ্চলৰ চটকা গীত, জুনা গীত, গৰখীয়া গীত, মৈষাল গীত, হাতী মাউতৰ গীত ইত্যাদি৷ ও মোৰ দঁতাল হাতীৰ মাহুত ৰে যেদিন মাহুত চিকাৰ যায় নাৰীৰ মনমোৰ ঝুৰিয়া ৰয় ৰে (হাতী মাউতৰ গীত) আমাৰে মইনা শুব এ বাৰীতে বগৰী ৰুব এ ইত্যাদি (নিচুকনি গীত) অসমীয়া মৌলিক লোকসাহিত্যৰ পৰিধি বৰ বিশাল৷ বিশেষকৈ লোকগীত শাখাত অজস্ৰ গীত মাতেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী হৈ আছে, যিটো এটা ক্ষুদ্ৰ লিখনিৰ মাজেৰে সম্পূৰ্ণ ৰূপে প্ৰকাশ কৰা সম্ভৱ নহয়।
31690
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%BE%E0%A6%A5%E0%A7%81%E0%A7%B0%E0%A6%BE%E0%A6%AE%20%E0%A6%97%E0%A6%A1%E0%A6%9B%E0%A7%87
নাথুৰাম গডছে
নাথুৰাম বিনায়ক গডছে ১৯ মে', ১৯১০ ১৫ নৱেম্বৰ, ১৯৪৯) আছিল ব্ৰিটিছ ভাৰতত গঢ়ি উঠা ভাৰতীয় জাতীয়তাবাদৰ প্ৰধান নেতা মহাত্মা গান্ধীৰ হত্যাকাৰী যিয়ে ৩০ জানুৱাৰীত নতুন দিল্লীত নিচেই ওচৰৰ পৰা গান্ধীৰ বুকুত তিনিটা গুলী নিক্ষেপ কৰি তেওঁক হত্যা কৰে। পুনে, মহাৰাষ্ট্ৰৰ এজন হিন্দু জাতীয়তাবাদী কৰ্মী গডছেয়ে মুছলমান সকলৰ প্ৰতি গান্ধীৰ অধিক সহমৰ্মিতা থকা বুলি অসন্তোষ প্ৰকাশ কৰি নাৰায়ণ আপ্তে আৰু ছয়জনৰ লগত লগ হৈ এই হত্যকাণ্ডৰ পৰিকল্পনা কৰে। প্ৰায় এবছৰ ধৰি চলা বিচাৰপ্ৰক্ৰিয়াৰ অন্তত ১৮ নৱেম্বৰ, ১৯৪৯ত গডছেক মৃত্যুদণ্ড দিয়া হয়। যদিও এই মৃত্যুদণ্ডই ওৰেটো জীৱন সকলো ধৰণৰ অহিংসাৰ হকে ওকালতি কৰা গান্ধীক অপমান কৰিব বুলি তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু গান্ধীৰ দুই পুত্ৰই গডছেক ক্ষমাদানৰ প্ৰস্তাৱ দিছিল, এই প্ৰস্তাৱ গ্ৰাহ্য নহ'ল আৰু ইয়াৰ এসপ্তাহৰ পিছত গডছেক ফাঁচী দিয়া হয়। প্ৰাৰম্ভিক জীৱন নাথুৰাম বিনায়ক গডছেৰ জন্ম হৈছিল পুনে জিলাৰ নেটিভিটি মিছন চেণ্টাৰত এটা চিৎপাৱন ব্ৰাহ্মণ পৰিয়ালত। তেওঁৰ পিতৃ বিনায়ক বামণৰাও গডছে আছিল ডাকঘৰৰ কৰ্মচাৰী আৰু তেওঁৰ মাতৃ আছিল লক্ষ্মী। জন্মৰ সময়ত তেওঁৰ নাম ৰখা হৈছিল ৰামচন্দ্ৰ। এটা দুৰ্ভাগ্যজনক ঘটনাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ নাম নাথুৰাম ৰখা হয়। তেওঁৰ জন্মৰ আগতে তেওঁৰ পিতৃ মাতৃৰ তিনিজন পুত্ৰ আৰু এজনী কন্যা সন্তান আছিল যদিও আটাইকেইজন পুত্ৰৰে শিশুকালতে মৃত্যু হয়। ঘৰৰ ল'ৰা সন্তানৰ ওপৰত কিবা শাওপাত লগা বুলি ভাবি ঘৰৰ মানুহে প্ৰথম কেইবছৰমান ৰামচন্দ্ৰক ছোৱালী হিচাপে লালন-পালন কৰে আৰু তেওঁৰ নাক বিন্ধাই নাকফুলি (মাৰাঠীত নাথ) পিন্ধাই দিয়া হয়। তেতিয়াৰে পৰা তেওঁৰ নাম নাথুৰাম (নাকফুলি পৰিহিত ৰাম) হয়। নাথুৰামৰ কনিষ্ঠ ভাতৃ এজনৰ জন্মৰ পিছত তেওঁক সকলোৱে ল'ৰাৰ দৰে ব্যৱহাৰ কৰিবলৈ লয়। পঞ্চম শ্ৰেণীলৈকে গডছেয়ে বাৰামতিৰ স্থানীয় বিদ্যালয়তে পঢ়ে আৰু তাৰ পিছত ইংৰাজী মাধ্যমত পঢ়িবলৈ পুনেত থকা পেহীয়েকৰ ঘৰত থাকিবলৈ লয়। বিদ্যালয়ত পঢ়ি থকা সময়ছোৱা তেওঁ গান্ধীক যথেষ্ট সন্মান কৰিছিল। ১৯৩০ চনত তেওঁৰ দেউতাক ৰত্নগিৰিলৈ বদলি হয়। ৰাজনৈতিক জীৱন হাইস্কুলৰ শিক্ষা আধাতে এৰি গডছেয়ে বিভিন্ন হিন্দু জাতীয়তাবাদী সংগঠন যেনে হিন্দু মহাসভা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ.এচ.এচ.) আদিৰ লগ লাগে, অৱশ্যে আৰ.এচ.এচ.এ তেওঁ ১৯৩০ৰ দশকৰ মাজতে দল এৰা বুলি দাবী কৰে। তেওঁলোকে বিশেষকৈ অল ইণ্ডিয়া মুছলিম লীগৰ পৃখক ধৰণৰ ৰাজনীতিৰ বিৰোধিতা কৰিছিল। গডছেয়ে হিন্দু মহাসভাৰ কাৰণে অগ্ৰণী নামৰ মাৰাঠী বাতৰি কাকত এখন আৰম্ভ কৰে যাক কিছু বছৰ পিছত হিন্দু ৰাষ্ট্ৰ নাম দিয়া হয়। প্ৰথমাৱস্থাত হিন্দু মহাসভাই ব্ৰিটিছ চৰকাৰৰ বিৰূদ্ধে মহাত্মা গান্ধীৰ আইন অমান্য আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। কিন্তু যেতিয়া হিন্দু সকলৰ ইচ্ছাৰ বিৰূদ্ধে কেতবোৰ বিষয়ত গান্ধীয়ে আমৰণ অনশন কৰি ক্ৰমাগত বিৰোধিতা কৰিবলৈ ল'লে, গডছেয়ে গান্ধীৰ আদৰ্শ ত্যাগ কৰে। গডছেৰ মতে গান্ধীয়ে বিভিন্ন অন্যায় আৰু অৰাষ্ট্ৰীয় ভাৱে মুছলমান সকলৰ ইচ্ছাক অগ্ৰাধিকাৰ দিছিল। ভাৰতবৰ্ষৰ বিভাজনৰ সময়ত সৃষ্টি হোৱা ধাৰ্মিক অস্থিৰতাৰ ফলত হেজাৰ হেজাৰ মানুহে প্ৰাণ হেৰুৱাইছিল আৰু এই বিভাজনৰ বাবে গডছেয়ে গান্ধীকেই জগৰীয়া কৰিছিল। গডছে গান্ধীৰ সম্পূৰ্ণ অহিংস নীতিৰ ঘোৰ বিৰোধী আছিল। তেওঁ ভাবিছিল যে এই অহিংস আদৰ্শই অন্যান্য ধৰ্মসমূহক প্ৰতিহত কৰিবলৈ হিন্দুসকলৰ উদ্যম নাশ কৰি পেলাব আৰু হিন্দুত্বই আত্মৰক্ষাৰ শক্তি হেৰুৱাই এক স্থায়ী দাসত্ত্বৰ শিকলিৰে বান্ধ খাব। তেওঁ মহাত্মা গান্ধীক হত্যা কৰাৰ ই এক প্ৰধান কাৰণ বুলি কোৱা হয়। মোহনদাস গান্ধীৰ হত্যাকাণ্ড ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে সন্ধিয়াৰ প্ৰাৰ্থনাৰ সময়ত গডছে গান্ধীৰ ওচৰলৈ আগবাঢ়ে। যেতিয়া তেওঁ হাউলি প্ৰণাম কৰে, গান্ধীৰ সহায়কাৰী আভা চট্টোপধ্যায় নামৰ মহিলাগৰাকীয়ে তেওঁক কয়, "ভাই বাপুৰ পলম হৈছে" আৰু তেওঁক আঁতৰাই দিবলৈ চেষ্টা কৰে কিন্তু তেওঁ আভাক এটা ফালে ঠেলি গান্ধীৰ বুকুত বেৰেট এম ১৯৩৪ ছেমি অটোমেটিক পিষ্টলেৰ তিনিটাকৈ গুলী মাৰে। গান্ধীয়ে প্ৰায় তৎক্ষণাত মৃত্যুবৰণ কৰে গডছেয়ে নিজেই 'পুলিছ' বুলি চিঞৰি আত্মসমৰ্পণ কৰে। বিচাৰ মহাত্মা গান্ধীৰ হত্যাৰ অভিযোগত পিটাৰহফ, ছিমলাত পঞ্জাব উচ্চ ন্যায়ালয়ৰ অধীনত গডছেৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। মৃত্যুদণ্ড ১৯৪৯ চনৰ ৮ নৱেম্বৰত গডছেক ফাঁচীৰ আদেশ দিয়া হয়। এই মৃত্যুদণ্ডই গান্ধীৰ অহিংস আদৰ্শক অপমান কৰিব বুলি ভাবি গান্ধীজীৰ দুই পুত্ৰ আৰু জৱাহৰলাল নেহৰুই গডছেক ক্ষমাদান কৰাৰ মত আগবঢ়াই এই নিৰ্দেশৰ প্ৰবল বিৰোধিতা কৰিছিল। অৱশেষত ১৯৪৯ চনৰ ১৫ নৱেম্বৰত আম্বালা জেইলত সহযোগী নাৰায়ণ আপ্তেৰ সৈতে গডছেক ফাঁচীকাঠত ওলোমোৱা হয়। প্ৰথমতে চৱৰকাৰকো গান্ধী হত্যাৰ ষড়যন্ত্ৰত লিপ্ত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় যদিও শেষত অপৰাধমুক্ত কৰি মুকলি কৰি দিয়া হয়। পশ্চাদপৰ্যায় গান্ধীজীৰ মৃত্যুত লাখ লাখ ভাৰতীয় শোকত ম্ৰিয়মাণ হৈ পৰে। এই হত্যাকাণ্ডৰ বাবে হিন্দু মহাসভা ভৰ্ৎ সনাৰ সন্মুখীন হয় আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ওপৰত অস্থায়ীভাৱে নিষেধাজ্ঞা আৰোপ কৰা হয়। যদিও অনুসন্ধানত আৰ.এছ.এছে. এই ঘটনাৰ পৰিকল্পনা কৰা বুলি বা এই ঘটনা আৰ.এছ.এছ.ৰ জ্ঞাতানুসাৰে হোৱা বুলি কোনো প্ৰমাণ পোৱা নাযায়। সেয়েহে জৱাহৰলাল নেহৰু তথা বল্লভভাই পেটেলে ১৯৪৯ সেই নিষেধাজ্ঞা বাতিল কৰে। আৰ.এছ.এছে আজিলৈকে গডছেৰ লগত তেওঁলোকৰ সম্পৰ্ক থকা বুলি বা গডছে তেওঁলোকৰ সদস্য আছিল বুলি অস্বীকাৰ কৰি আহিছে। এই হত্যাকাণ্ডৰ পিছত বহুতে ভাৰত চৰকাৰে গান্ধীৰ সুৰক্ষাৰ বাবে যথোপযুক্ত ব্যৱস্থা নোলোৱা বুলি অভিযোগ কৰে কাৰণ সেই সপ্তাহতে সেই একেই ষড়যন্ত্ৰকাৰীসকলে গান্ধীলৈ লক্ষ্য কৰি বোমা বিষ্ফোৰণৰ পৰিকল্পনা কৰিছিল। কলাত্মক অভিযোজন ২০০০ চনত নিৰ্মিত 'হে ৰাম' নামৰ ছবিখনত হত্যাকাণ্ডৰ লগত জড়িত বিভিন্ন ঘটনাৰ পৰশ আছে। মাৰাঠী ভাষাত 'মি নাথুৰাম গডছে বোলতোয়' "মই নাথুৰাম গডছেয়ে কৈছো") নামৰ নাটক এখন নিৰ্মাণ কৰা হৈছিল যদিও গডছেৰ দৃষ্টিকোণৰ পৰাহে। নাথুৰামৰ জীৱনৰ ওপৰত ৰচিত তিনিখন গ্ৰন্থৰ ওপৰত ভাৰত চৰকাৰে প্ৰতিবন্ধকতা আৰোপ কৰিছে। হোৱাই আই এছাছিনেটেড মহাত্মা গান্ধী, সূৰ্য্য ভাৰতীৰ দ্বাৰা প্ৰকাশিত, দিল্লী, ভাৰত, ২০০৩, 1-375-09979-6 মেই ইট প্লীজ য়ৰ অনাৰ!, সূৰ্য্য ভাৰতীৰ দ্বাৰা প্ৰকাশিত, ২০০৩ (অস.) গোপাল গডছেৰ 'গান্ধী বধ অউৰ মে' (গান্ধী হত্যা আনি মি), ১৯৮৯। হৰ্ষ্ট বাচ্চোলজে ১৯৬৩ত নিৰ্মিত নাইন আৱৰ্চ টু ৰামা নামৰ ছবিখনিত গডছেৰ ভূমিকা লয়। তথ্য সংগ্ৰহ ভাৰতৰ
69292
https://as.wikipedia.org/wiki/%E0%A6%8F%E0%A6%95%E0%A6%BE%E0%A6%95%E0%A7%80%E0%A6%A4%E0%A7%8D%E0%A6%AC
একাকীত্ব
একাকীত্ব হৈছে ব্যক্তিবিশেষৰ অন্য ব্যক্তিৰ সৈতে সংযোগ বা সংস্পৰ্শৰ অভাৱৰ যোগেদি সৃষ্ট এক সঙ্গবিহীন, বা দূৰীভূত, বা পৃথকীকৃত অৱস্থা। পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ ধনাত্মক আৰু ঋণাত্মক উভয়ধৰণৰ প্ৰভাৱ থাকিব পাৰে। হস্ৰকালীন একাকীত্বক প্ৰায়েই ব্যক্তিবিশেষৰ বহিঃপ্ৰভাৱৰ পৰা দূৰৈত নিজস্ব কৰ্ম, ভাৱনা বা জিৰণিৰ সময় হিচাপে গণ্য কৰা হয়। ব্যক্তিৰ নিজস্ব একান্ততাৰ খাতিৰত হস্ৰকালীন একাকীত্বক প্ৰয়োজনীয় হিচাপে বিবেচনা কৰিব পাৰি। অৱশ্যে অনাকাংক্ষিত দীৰ্ঘকালীন একাকীত্ব সংক্ৰমিত ৰোগ, মানসিক বিসংগতি, স্নায়ৱিক বিসংগতি, জীৱিকা, কেৰিয়াৰ বা নিয়োগ উদ্ভূত মানসিক পৰিস্থিতি, আপোন ব্যক্তিৰ বিয়োগ, ঘূণে ধৰা সম্পৰ্কৰ দৰে অনিচ্ছাকৃত বাছনি ইত্যাদিৰ ফলশ্ৰুতি, অথবা ইচ্ছাকৃত বাছনি হ'ব পাৰে। একাকীত্ব আৰু নিঃসঙ্গতাৰ মাজত এক তফাৎ আছে। একাকীত্ব আৰু নিঃসঙ্গতাই ক্ৰমে অকলে থকাৰ (বা থাকিবলগা হোৱাৰ) ক্ৰমে ধনাত্মক (হৰ্ষমূলক) আৰু ঋণাত্মক (বিমৰ্ষমূলক) পৰিস্থিতিক বুজায়। -ই তেওঁৰ শীৰ্ষক গ্ৰন্থত লিখিছিল যে, স্বাস্থ্যৰ ওপৰত প্ৰভাৱ সম্পূৰ্ণ একাকীত্বৰ জৰিয়তে দেখা দিয়া লক্ষণৰাজি(যিবোৰক ইন্দ্ৰিয়জ চ্যুতি হিচাপেও জনা যায়)ৰ ভিতৰত উদ্বিগ্নতা, ইন্দ্ৰিয়জ বিভ্ৰান্তি, বা সময় আৰু উপলব্ধিৰ বিকৃতি আদি অন্তৰ্ভুক্ত। অৱশ্যে, এইসমূহ কেৱল অন্যান্য ব্যক্তিৰ সৈতে সংযোগৰ অভাৱৰ ফলেই নহয়, ইয়াৰ লগতে ইন্দ্ৰিয়সমূহৰ উদ্দীপনৰ মাত্ৰাও হ্ৰাস হয়। গতিকে, ব্যক্তিবিশেষৰ মনোচক্ৰক ব্যস্ত ৰাখি এইধৰণৰ বিৰূপ প্ৰভাৱৰ পৰিমাণ কম কৰিব পৰা যায়। দীৰ্ঘকালীন একাকীত্বক সৰ্বসাধাৰণতেই অনাকাংক্ষিত হিচাপে গণ্য কৰা হয়, কিয়নো ইয়াৰ ফলস্বৰূপে ব্যক্তিয়ে আন্তঃবৈক্তিক সম্পৰ্কসমূহ স্থাপন কৰাত অপাৰগ হৈ নিঃসঙ্গতা আৰু বৈৰাগ্যৰ সম্মুখীন হ'বলগাত পৰে। তদুপৰি, ইয়াৰ ফলতেই নিদানিক হতাশাগ্ৰস্ততাৰ উদ্ভৱ হ'ব পাৰে। অৱশ্যে, কিছু লোকৰ ক্ষেত্ৰত ইয়াৰ ঋণাত্মক প্ৰভাৱ তুলনামূলকভাৱে কম হোৱা পৰিলক্ষিত হয়। আন কিছু ব্যক্তি(যেনে উদাসীন ধৰ্মযাজক বা সন্যাসী)য়ে একাকীত্বক আধ্যাত্মিক প্ৰবুদ্ধি প্ৰাপ্তিৰ পথ হিচাপে গণ্য কৰে। নিৰ্জন দ্বীপত পৰিত্যক্ত বা নিৰ্বাসিত বহু ব্যক্তিৰ ক্ষেত্ৰত একাকীত্বৰ বহু বছৰৰ পিছতো মনোৰোগজনিত কোনো লক্ষণ নেদেখাৰ তথ্যও পোৱা যায়। ছিজ'ফ্ৰেনিয়া আৰু ছিজ'ইদ ব্যক্তিত্ব বিসংগতিৰ দৰে বিশেষ মনোৱস্থাৰ কিছুমান ব্যক্তিৰ ক্ষেত্ৰত একাকীত্বৰ প্ৰৱণতা স্বভাৱগতভাৱে থাকিব পাৰে। ইতিহাসত শাস্তিৰ পদ্ধতি হিচাপে বলপূৰ্ব্বক নিঃসঙ্গতা (বন্দীত্ব) ব্যৱহৃত হৈ আহিছে। ইয়াক প্ৰায়েই এক ধৰণৰ নিপীড়ন হিচাপে বিবেচনা কৰা হয়। আৱেগজনিত একাকীত্ব হৈছে একধৰণৰ বিছিন্নতা য'ত ব্যক্তিবিশেষৰ এক সুচল সামাজিক সংযোগী বিন্যাস থকা স্বত্বেও আনৰ পৰা আৱেগিকভাৱে বিছিন্ন অনুভৱ কৰে। আৰু -ৰ দৰে গৱেষকসকলে বিছিন্নতা আৰু একাকীত্ব অন্তৰ্নিহিতভাৱেই অকাৰ্য্যকৰ আৰু অনাকাংক্ষিত হিচাপে থকা ধাৰণাত মান্তি নহয়। ২০১৩ চনত প্ৰকাশিত তেওঁলোকৰ নামৰ গ্ৰন্থখনত তেওঁলোকে ক্ষেত্ৰবিশেষে একাকীত্বৈ ব্যক্তিৰ আত্ম-মৰ্য্যদাৰ বৃদ্ধি, স্পষ্টতাৰ সৃষ্টি কৰাৰ লগতে কেতিয়াবা থেৰাপী হিচাপে কাম কৰাৰ বিষয়ে বৰ্ণনা কৰে। তেওঁলোকৰ দ্বাৰা সম্পাদিত এই গ্ৰন্থখনত একাকীত্বৰ সম্পৰ্কে তেওঁলোকে কেৱল মনস্তত্ব সম্বন্ধীয় লেখাকেই অন্তৰ্ভুক্ত কৰা নাই, বৰং আন আন ক্ষেত্ৰৰ বিশেষজ্ঞৰ নিৱন্ধও অন্তৰ্ভুক্ত কৰিছে। ইয়াত -ৰ দ্বাৰা লিখিত অধ্যায়টোত একাকীত্ব কিদৰে ব্যক্তিবিশেষৰ কেৱল এক ব্যক্তিগত প্ৰক্ষেপপথেই নহৈ আন সামাজিক পৰিস্থিতিৰ সৈতে মোকাবিলা এক পদ্ধতিও সেয়া বৰ্ণনা কৰিছে। মনস্তাত্বিক প্ৰভাৱ একাকীত্বৰ ধনাত্মক আৰু ঋণাত্মক উভয়ধৰণৰ প্ৰভাৱেই আছে। বেছিভাগ সময়তেই, এই প্ৰভাৱসমূহ আৰু প্ৰভাৱসমূহৰ বৰ্তি থকা কাল ব্যক্তিয়ে একাকী বিছিন্নতাত কটোৱা সময়ৰ ওপৰত নিৰ্ভৰ কৰে। ধনাত্মক প্ৰভাৱ স্বতন্ত্ৰতাৰ পৰা বৰ্দ্ধিত আধ্যাত্মিকতালৈ হ'ব পাৰে, আনহাতে ঋণাত্মক প্ৰভাৱসমূহ ব্যক্তিক সামাজিক মূল্যৰ পৰা অপসৰিত কৰি মানসিক ৰোগৰ সূচনা কৰিব পাৰে। ধনাত্মক প্ৰভাৱী একাকীত্ব কাম্য যদিও ঋণাত্মক প্ৰভাৱী একাকীত্ব অনিচ্ছাকৃত আৰু অনাকাংক্ষিত। ধনাত্মক প্ৰভাৱসমূহ স্বতন্ত্ৰতাক একাকীত্বৰ এক ধনাত্মক প্ৰভাৱ হিচাপে বিবেচনা কৰিব পাৰি। কিয়নো সাময়িকভাৱে একাকী সময় কটোৱা ব্যক্তিজনে আনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰে আৰু ইয়াৰ জৰিয়তে তেওঁ নিজৰ কৰ্মৰ ওপৰত অধিক আস্থাশীল হ'ব পাৰে। বৰ্দ্ধিত স্বতন্ত্ৰতাই যোগেদি ব্যক্তি এটা স্ব-নিৰ্ভশীল কটোৱাত সহায় কৰে। স্বতন্ত্ৰতাৰ জৰিয়তে ব্যক্তিবিশেষৰ সৃজনশীলতা উজ্জীৱিত কৰিব পাৰে। একাকীত্বৰ যোগেদি প্ৰাপ্ত স্বতন্ত্ৰতাই ব্যক্তিবিশেষৰ মনোবিক্ষেপণ হ্ৰাস কৰি সৃজনশীলতাৰ উজ্জীৱন ঘটাব পাৰে। ১৯৯৪ চনত নামৰ মনোবিদজনে কৈছিল যে যিসকল কিশোৰ-কিশোৰীয়ে সাময়িকভাৱে অকলশৰে কটাব নোৱাৰে তেওঁলোকৰ সৃষ্টিশীলতা প্ৰায়েই বৃদ্ধি নহয়। একাকীত্বৰ আন এক উপকাৰী দিশ হৈছে ব্যক্তিৰ আত্ম-উন্নয়নৰ বাবে সময় কটাব পৰাটো। যেতিয়া কোনো ব্যক্তিয়ে আনৰ পৰা একাকীভাৱে সময় কটায়, তেওঁলোকে নিজৰ সম্পৰকে ধাৰণা সঠিক অনুধাৱন কৰিবলৈ সুবিধা পায়। ইয়েই ব্যক্তিক বাহ্যিক বিক্ষেপণ নোহোৱাকৈ আত্ম-পৰিচয় আৱিষ্কাৰ কৰাৰ সুযোগ দিব পাৰে। একাকীত্বই মননৰ, ব্যক্তিগত আধ্যাত্মিকতা আৰু আত্ম-পৰীক্ষণৰ সময়ো প্ৰদানকৰে। এনেধৰণৰ ক্ষেত্ৰত, ব্যক্তিবিশেষে আন ব্যক্তিৰ সৈতে তেওঁৰ আন্তঃসম্পৰ্ক লাঘৱ নোহোৱাকৈ অৰ্থপূৰ্ণ হৈ থকালৈকে একাকীত্ব ধনাত্মক প্ৰভাৱী। ঋণাত্মক প্ৰভাৱসমূহ একাকীত্বৰ ঋণাত্মক প্ৰভাৱসমূহ কাৰাবন্দীৰ জৰিয়তে পৰ্যবেক্ষণ কৰিব পাৰি। একাকীভাৱে অধিক সময় কটোৱা কাৰাবন্দীসকলৰ আচৰণ শোচনীয় হৈ পৰিব পাৰে। একাকীত্বই বিশেষ কিছুমান মনস্তাত্বিক প্ৰতিক্ৰিয়াৰ সূচনা কৰিব পাৰে, যিবোৰৰ পৰা স্বাস্থ্যৰ হানিৰ সম্ভাৱনা বৃদ্ধি পায়। একাকীত্বৰ ঋণাত্মক প্ৰভাৱ বয়সৰ ওপৰতো নিৰ্ভৰ কৰে। প্ৰাথমিক পৰ্য্যায়ৰ স্কুলীয়া ল'ৰা-ছোৱালীয়ে সঘনাই একাকীত্বৰ সম্মুখীন হ'লে সিহঁত ঋণাত্মকভাৱে প্ৰভাৱান্বিত হয়। কিয়নো, এই বয়সত একাকীত্ব সৰু ল'ৰা-ছোৱালীৰ দ্বাৰা স্ব-নিৰ্বাচিত নহয়। প্ৰাথমিক পৰ্য্যায়ৰ ল'ৰা-ছোৱালী যেতিয়া সামাজিকভাৱে আনৰ সৈতে ভাৱ-বিনিময়ৰ ক্ষেত্ৰত সংকোচবোধসম্পন্ন হয় তেতিয়া সিহঁতে নিজে একাকীত্বৰ আশ্ৰয় ল'ব পাৰে যাৰ ফলত সিহঁত কুন্ঠাবোধ আৰু সামাজিক প্ৰত্যাখ্যানৰ সম্মুখীন হ'ব লগা হয়। কিশোৰ-কিশোৰীসকলে সাধাৰণতে অকলশৰে সময় কটাই সন্তুষ্টি অনুভৱ নকৰে। অৱশ্যে, কোনো কিশোৰ বা কিশোৰী আদিৰে পৰা অকলশৰে কটালে একাকীত্বও তেওঁৰ বাবে উপভোগ্য হৈ উঠিব পাৰে। কিন্তু মন কৰিবলগীয়া যে, সঘনাই একাকী সময় কটোৱা কিশোৰ-কিশোৰীৰ বহিঃজগতৰ সৈতে সমন্বয় সাধনত সমস্যাৰ সৃষ্টি হয়। সেয়েহে, একাকী সময় আৰু সামাজিক সম্পৰ্কৰ সময়ৰ মাজত সমতুলতা ৰক্ষা কৰা দ্ৰকাৰ। তথ্যসূত্ৰ
61362
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%95%E0%A7%B0%E0%A6%A3%E0%A7%B0%20%E0%A6%AE%E0%A7%8C%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0
অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ
অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ হৈছে গোলোকচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত এখন ব্যাকৰণধৰ্মী গ্ৰন্থ। ১৯৭৫ চনৰ মে' মাহৰ ৪ তাৰিখৰ পৰা লিখিবলৈ আৰম্ভ কৰা এই গ্ৰন্থখন ১৯৮৭ চনত আৰ. চি. ভঁৰালীয়ে (ৰামচৰণ ভঁৰালী) প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত এই গ্ৰন্থখনৰ দ্বিতীয়টি সংস্কৰণ বীণা লাইব্ৰেৰী প্ৰকাশনে ১৯৯০ চনত প্ৰকাশ কৰে। গ্ৰন্থখনৰ বিষয়বস্তু এক ভাষা আৰু ব্যাকৰণ ভাষা, ভাষাৰ সামগ্ৰী, স্বৰ, ব্যঞ্জন, অনুনাসিকতা, লয়ঃ সন্ধি, শ্বাসাঘাত বা বলাঘাত, সুৰ, সুৰ-লহৰ, ধ্বনিবিজ্ঞান আৰু বৰ্ণ বিজ্ঞান, প্ৰাকৃতিক বিজ্ঞান, বিজ্ঞান; আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি, ভাষা পৰিৱৰ্তনশীলতা, সাধু ভাষা আৰু উপভাষা, ব্যাকৰণ, ব্যাকৰণৰ প্ৰকাৰ, ঐতিহাসিক বিৱৰ্তনমূলক, সাম্প্ৰতিক বিশ্লেষণাত্মক, সামগ্ৰিক আৰু ৰিজনিমূলক ব্যাকৰণ, ব্যাকৰণ দৰ্শনৰ স্বতন্ত্ৰতা। দুই অসমীয়া ব্যাকৰণৰ স্বতন্ত্ৰতা অসমীয়া ভাষাৰ জন্ম-পত্ৰিকা, সাহিত্যিক নিদৰ্শন, অসমীয়াৰ আজু আইতাক সংস্কৃত, সংস্কৃতৰ লগত পাৰ্থক্যৰ কাৰণ, ঐতিহাসিক বিবৰ্তন, থলুৱা ভাষাৰ প্ৰভাৱ, সংস্কৃত আৰু অসমীয়াৰ গঠনৰ ৰিজনি, বৰ্ণগত পাৰ্থক্য, সন্ধিগত পাৰ্থক্য, ৰূপগত ৰিজনি, পদৰ শ্ৰেণীবিভাগ, পদৰ ৰূপগত পাৰ্থক্য শব্দৰূপত, বচন আৰু লিঙ্গ, পুৰুষ, ধাতুৰূপৰ ক্ষেত্ৰত মিল অমিল, সমাস, পদবিন্যাসগত মিল অমিল, অসমীয়া ব্যাকৰণ সংস্কৃত স্থান, অসমীয়া ব্যাকৰণৰ স্বতন্ত্ৰতা। তিনি বৰ্ণতাত্ত্বিক বিচাৰ সাধাৰণ আলোচনা; ধ্বনি আৰু বৰ্ণ; বৰ্ণ আৰু আখৰ; আখৰ আৰু অক্ষৰ; বৰ্ণ, অক্ষৰ আৰু আখৰ; অসমীয়া ভাষাৰ খেলিমেলি; পঢ়াশলীয়া ব্যাকৰণৰ বৰ্ণমালা; (ক) স্বৰবৰ্ণমালা; স্বৰবৰ্ণ, স্বৰবৰ্ণৰ আখৰ আৰু মাত্ৰা; সান্ধ্যক্ষৰ তত্ত্ব, অযোগবাহ তত্ত্ব; (খ) ব্যঞ্জন বৰ্ণমালা অসমীয়া ব্যঞ্জনবৰ্ণ; ব্যঞ্জনবৰ্ণ আখৰ; ক্ষ, ড়-ঢ-য়; খণ্ড ত্ (ৎ); অনুস্বাৰ আৰু চন্দ্ৰবিন্দু; অন্তঃস্থবৰ্ণ; (গ) সন্ধিৰ বিচাৰ, প্ৰচলিত ব্যাকৰণত অসমীয়া সন্ধি; অসমীয়া সন্ধিৰ স্বৰূপ; দুই প্ৰকাৰৰ সন্ধি; সংস্কৃত সন্ধিৰ স্থান; (ঘ) বানান প্ৰকৰণৰ প্ৰয়োজনীয়তা; লিপ্যন্তৰ সমস্যা; কূট চিহ্নৰ প্ৰয়োগ। চাৰি ৰূপতাত্ত্বিক বিচাৰ (১) সাধাৰণ আলোচনাঃ অসমীয়া ভাষাৰ বৈচিত্ৰ্য; ৰূপতত্ত্বৰ মূলকথা; প্ৰাকৃতি; প্ৰাকৃতিৰ বিভাগঃ প্ৰকৃতি; মূলাভাস প্ৰাকৃতি; প্ৰাকৃতি বিভাগঃ প্ৰাতিপদিক বা নাম প্ৰকৃতি; ধাতু প্ৰকৃতি; নামধাতু প্ৰকৃতি; অব্যয় প্ৰকৃতি; সৰ্গৰ অৱস্থানগত বিভাগ; উপসৰ্গ, অনুসৰ্গ; অন্তঃসৰ্গ বা মধ্যসৰ্গ; সৰ্গৰ গুণগত বিভাগঃ প্ৰত্যয় আৰু বিভক্তি; কৃৎ আৰু তদ্ধিত; বিভক্তি; শূন্য বিভক্তি; বিভক্তি আৰু প্ৰত্যয় বিভাজনৰ সূত্ৰ; অব্যয়পদ; শব্দ; মৌলিক শব্দ; যৌগিক শব্দ; শব্দৰ তিৰ্যক ৰূপ; ব্যাকৰণগত বিষয়; সম্বন্ধবাচক বিশেষ্যত দুতৰপীয়া বিভক্তিৰ সংযোগ। পাঁচ ৰূপতাত্ত্বিক বিচাৰ (২) সাধনঃ বচন, লিঙ্গ আৰু কৃদন্ত ৰূপ (ক) অসমীয়া ভাষাৰ বচন; একবচন আৰু বহুবচন; বচন নিৰপেক্ষ ৰূপ; বচন ব্যাকৰণগত নহয়; বচনবাচক প্ৰাকৃতি; বচনবাচক ৰূপৰ বৈশিষ্ট্য; অনিৰ্দিষ্টতাসূচক বচন; ক্ৰিয়াপদত বচন। (খ) অসমীয়া ভাষাৰ লিঙ্গ; লিঙ্গ নিৰপেক্ষৰূপ; পুংলিঙ্গৰ সাধন; মূলৰূপ নিৰ্ণয়; স্ত্ৰীলিঙ্গৰ পৰা পুংলিঙ্গৰ সাধন; স্ত্ৰীপ্ৰত্যয়ৰ একাধিক ৰূপ; স্ত্ৰীলিঙ্গ বাচক প্ৰত্যয়ৰ বৈশিষ্ট্য। (গ) কালৰ সাধন আৰু কৃদন্তৰূপ সময় আৰু কাল; তিনিটা কাল আৰু দুটা দশা; ইল্, ইব্ আৰু ইছ্ বিভক্তি নহয়; ইল্ আৰু ইব-ৰ কালবাচক প্ৰয়োগ; ঘটমান দশা; কৃদন্ত প্ৰয়োগ ইল্; ইব; আ-ভাগান্ত কৃদন্ত; ই-ভাগান্ত কৃদন্ত; ওঁত-ভাগান্ত কৃদন্ত; নিহিত কৃদন্ত। (ঘ) বিবিধ সাধন; ধাতুৰ সাধন আ, উৱা, ইয়া প্ৰত্যয়ান্ত ৰূপ; নাম ধাতু, পাচনী ধাতু, দোৱা পাঁচনী; স্বৰ পৰিৱৰ্তন জনিত সাধন; ব্যঞ্জনৰ পৰিৱৰ্তন জনিত সাধন; সমাস; অভ্যাস পূৰ্ণ অভ্যাস; আংশিক অভ্যাস; সাৰ্থক শব্দৰ অভ্যাস; অনুৰূপ শব্দ। ছয় ৰূপতাত্ত্বিক বিচাৰ (৩) (ক) পদ আৰু পদৰ শ্ৰেণীবিভাগ পদৰ ৰূপতাত্ত্বিক বিভাজন; অব্যয় পদৰ শ্ৰেণীবিভাগ; নাম পদৰ বিভাগ; সম্বন্ধবাচক নামপদ; সাধাৰণ নামপদ; সৰ্বনাম পদ ব্যক্তিবাচক; আপুনি সৰ্বনামৰ পুৰুষ; সাকল্যবাচক আৰু তদৰ্থক সৰ্বনাম; ক্ৰিয়াপদৰ শ্ৰেণীবিভাগ সকৰ্মক-অকৰ্মক বিভাগ; অকৰ্মক ক্ৰিয়াৰ বিভাগ; পদৰ শ্ৰেণীবিভাজন চিত্ৰ। (খ) বিভক্তি আৰু শব্দৰূপ বিভক্তিৰ বিভাগ শব্দৰূপৰ বিভক্তি আৰু ধাতুৰূপৰ বিভক্তি; শব্দৰূপৰ বিভক্তিৰ বিভাগ পুৰুষবাচক আৰু কাৰকবাচক বিভক্তি; পুৰুষবাচক ৰূপ; পুৰুষবাচক বিভক্তিৰ ফলা; বিভক্তি লগোৱাৰ নিয়ম। (গ) কাৰকবাচক শব্দৰূপ; কাৰকৰ বিভক্তিৰ ফলা; শব্দৰ তিৰ্যকৰূপ; বিভক্তিৰ প্ৰাকৃতিগতৰূপ কৰ্তা কাৰকৰ বিভক্তিৰ ৰূপ; কৰ্ম আৰু সম্প্ৰদান; অনুপদৰ প্ৰয়োগ; কাৰকৰ ৰূপত বচনৰ ভূমিকা; কাৰকবাচক বিভক্তি লগাৰ নিয়ম। (ঘ) ধাতুৰ ৰূপ আৰু ক্ৰিয়াপদ ধাতুৰূপৰ বিভক্তি প্ৰচলিত ব্যাকৰণত পুৰুষবাচক বিভক্তিৰ ফলা আৰু প্ৰয়োগ; পুৰুষবাচক বিভক্তিৰ ফলা আৰু ৰূপ; সমাপিকা ক্ৰিয়াপদ; কৰ্মবাচ্যৰ জতুৱা ৰূপ; নঞৰ্থক ক্ৰিয়া; নঞৰ্থক উপসৰ্গৰ মূলৰূপ নাই; নাইকিয়া; না, নুই; নঞৰ্থক অনুজ্ঞা; নঞৰ্থক কৃদন্ত; ক্ৰিয়াপদ গঠনৰ ৰেখাচিত্ৰ; ক্ৰিয়াপদৰ সৰ্বমুঠ ৰূপ। সাত বাক্যতাত্ত্বিক বিচাৰ (ক) সাধাৰণ আলোচনা বাক্য বিশ্লেষণৰ বিভিন্ন প্ৰণালী; বাক্যৰ উপাদান; সুৰ লহৰ আৰু যতি; (খ) পদ সঙ্গতি আৰু ক্ৰম; ক্ৰিয়াপদ আৰু কাৰক; কাৰকাচক পদৰ সম্প্ৰসাৰক আৰু পূৰক; উদ্দেশ্য আৰু বিধেয়ৰ পূৰক; কৰ্তা, কৰ্ম আৰু অন্যান্য কাৰকৰ পূৰক; পদৰ ক্ৰম; উদ্দেশ্য আৰু বিধেয়; বিধেয়ৰ অন্তৰ্গত পদৰ স্থান; সম্প্ৰসাৰকৰ স্থান; পূৰকৰ স্থান; অনুপদৰ স্থান। (গ) আকাঙ্ক্ষা, যোগ্যতা, আসক্তি; আকাংক্ষা; যোগ্যতা যোগ্যতাৰ ভিত্তি- পদৰ অৰ্থ আৰু গঠন। অৰ্থগত যোগ্যতা; ৰূপগত যোগ্যতা; ৰূপাত্মক যোগ্যতা; সাধনগত যোগ্যতা; আসত্তি বিচাৰ আসত্তি নিৰ্ণয়ৰ বিবেচ্য কথা প্ৰতিষ্ঠাপন; আসন্ন অঙ্গনিৰ্ণয়; খণ্ডবাক্য আৰু গৰ্ভ বাক্য; বাক্যৰ প্ৰকাৰ আৰু ৰূপান্তৰ; উপসংহাৰ। লেখকৰ চমু পৰিচয় গোলোকচন্দ্ৰ গোস্বামী (১৯২৩-২০২০) এজন অসমীয়া শিক্ষাবিদ আৰু ভাষাতত্ত্ববিদ। অসমীয়া ভাষাৰ ৰূপতত্ত্ব, ধ্বনিতত্ত্ব বিষয়ত বিষয়ত তেওঁৰ অৱদান অতুলনীয়। তেওঁ ১৯৫৪ চনৰ পৰা ১৯৮৫ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কৰিছিল। ১৯৬৬ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ "ক অসমীয়া ভাষাতত্ত্বলৈ এক আপুৰুগীয়া অৱদান হিচাপে গণ্য কৰা হয়। জীৱনকালত ড॰ গোস্বামীয়ে প্ৰায় ৬০ খনৰো অধিক গুৰুত্বপূৰ্ণ গ্ৰন্থ, শতাধিক প্ৰবন্ধ ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰি গৈছে। ২০২০ চনৰ ২৪ আগষ্টত ৯৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। আনুষঙ্গিক গ্ৰন্থ ধ্বনিবিজ্ঞানৰ ভূমিকা, ১৯৬৬ অসমীয়া বৰ্ণপ্ৰকাশ, ১৯৬৯ অসমীয়া আখৰ-জোটনি, ১৯৭২ অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ, ১৯৮৭ অসমীয়া গোলোক ব্যাকৰণ, প্ৰবোধ ভাগ, ১৯৭২ আৰু সুবোধ ভাগ, ১৯৭৪; ভাষা-ভাষণিকা, ১৯৯২ তথ্য সংগ্ৰহ অসমীয়া
72650
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%B2%20%28%E0%A7%B0%E0%A6%BE%E0%A6%AE%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A3%29
নল (ৰামায়ণ)
নল (),হিন্দু মহাকাব্য ৰামায়ণৰ এক বানৰ চৰিত্ৰ। সেই অনুসাৰে তেওঁ আছিল দেৱশিল্পী বিশ্বকৰ্মাৰ পুত্ৰ, যাৰ নামৰ আক্ষৰিক অৰ্থ শ্বেতপদ্ম বা বগা পদুম ফুল। বিশ্বকৰ্মাৰ পুত্ৰ হিচাপে তেওঁ আছিল বানৰৰূপী। তেওঁ ৰামায়ণৰ মুখ্য চৰিত্ৰ ৰামৰ লংকা গমনৰ সুবিধাৰ হেতু সমুদ্ৰৰ ওপৰত নিৰ্মিত ভাৰতৰ দক্ষিণ দিশে অৱস্থিত ৰামেশ্বৰমৰ পৰা লঙ্কাৰ বৰ্তমানৰ শ্ৰীলঙ্কা ৰাষ্ট্ৰ) মান্নাৰ অবধি বিস্তৃত বিশাল এক সেতু নিৰ্মাণৰ অন্যতম পৰিকল্পক আছিল। এই সেতু খনক নল সেতু বুলিও জনা যায়। একাধিক সংস্কৰণভেদে এই ৰামসেতু নিৰ্মাণত ৰামৰ বানৰ সেনাৰ মাজত এক প্ৰযৌক্তিক বানৰ তথা নলৰ ভ্ৰাতা নীলৰ নামো উল্লেখ পোৱা যায়। নলক বানৰ সকলৰ স্থাপত্যশিল্পী হিচাপে উল্লেখ কৰা হয়। ৰামায়ণৰ লংকাকাণ্ডত নল আৰু নীল উভয়কেই ৰামৰ পক্ষে লঙ্কাৰ ৰজা ৰাৱণৰ বিৰুদ্ধে যুদ্ধ কৰা বুলি উল্লেখ আছে। সেতুৰ নিৰ্মাতা মহাকাব্য ৰামায়ণত উল্লেখ পোৱা যায় যে অযোধ্যাৰ ৰজা দশৰথৰ জ্যেষ্ঠ পুত্ৰ ৰাম পিতৃবাক্য পালনাৰ্থে বনবাসলৈ যোৱাত বনৰ মাজতে ৰামৰ স্ত্ৰী সীতাক লংকাৰ ৰাক্ষস ৰজা ৰাৱণে হৰণ কৰে। সীতাৰ অনুসন্ধানত বনৰ মাজতে ৰামৰ বানৰৰাজ সুগ্ৰীৱৰে মিত্ৰতা হয়। তেওঁ বানৰ সেনা তৈৰী কৰে আৰু ভুখণ্ডৰ শেষ বিন্দুত উপস্থিত হয়। সমুদ্ৰৰ পাৰৰ পৰা নিকটস্থ দশযোজন দূৰৱৰ্তী লঙ্কালৈ যোৱাৰ বাবে ৰামে সমুদ্ৰ দেৱতা বৰুণ দেৱক আমন্ত্ৰণ জানায় আৰু সমুদ্ৰৰ মাজেৰে পথ নিৰ্মাণ কৰাৰ অনুৰোধ কৰে। কিন্তু বৰুণদেৱ ৰামৰ সমুখত উপস্থিত নোহোৱাত ৰাম ক্ৰুদ্ধ হয় আৰু বাণ নিক্ষেপ কৰি সমুদ্ৰৰ পানী শুকুৱাবলৈ আৰম্ভ কৰে। ভীতসন্ত্ৰস্ত বৰুণদেৱ ৰামৰ ওচৰত উপস্থিত হৈ এনে নকৰিবলৈ অনুৰোধ কৰে। তেওঁ ৰামক কয় যে সমুদ্ৰৰ মাজেৰে পথ নিৰ্মাণ সম্ভৱ নহয় যদিও দেৱশিল্পী বিশ্বকৰ্মাৰ পুত্ৰ দেৱস্থপতি নল বানৰ সেনাৰ মাজত উপস্থিত আছে। নলে তেওঁৰ পিতাৰ আশীৰ্ব্বাদস্বৰূপ স্থাপত্যশিল্প আৰু প্ৰযুক্তিৰ অত্যাৱশ্যকীয় শিক্ষা লাভ কৰিছে আৰু একাধিক অভিজ্ঞতাৰ মুখা-মুখিও হৈছে। বৰুণ দেৱে পৰামৰ্শ দিয়ে যে ৰামে যাতে নলৰ পৰিদৰ্শন আৰু দক্ষতাৰে সেইস্থানৰ পৰা লঙ্কালৈ এখন সেতু নিৰ্মাণ কৰে। এই সময়ত নলে স্বেচ্ছাসেৱী হিচাপে এই দায়িত্ব গ্ৰহণ কৰে আৰু মন্তব্য কৰে যে স্নেহৰ আহ্বান নুশুনাত ৰামে স্বগুণে জলদেৱতাৰ আত্মদম্ভ চূৰ্ণ কৰিছে আৰু ৰাম নাম সমুদ্ৰৰ বাবে অতি শুভ আৰু মান্য। বানৰদলে প্ৰকাণ্ড আকাৰৰ গধুৰ গছৰ মূঢ়া, সৰু-বৰ গছৰ ডাল, শিল আদি গোটাবলৈ আৰম্ভ কৰে আৰু এইসমূহৰে সাগৰৰ ওপৰত মাত্ৰ পাঁচ দিনতে দহ যোজন (৮০ মাইল বা ১৩০ কিলোমিটাৰ) দৈঘ্যৰ সেতুখন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰে। ৰাম আৰু তেওঁৰ সৈন্যদল এই সেতুৰে পাৰ হৈ লংকাত উপস্থিত হয় আৰু ৰাৱণৰ সৈতে যুদ্ধ কৰাৰ হেতু প্ৰস্তুত থাকে। কোৱা হয় নলৰ বানৰ মাকৰ ৰূপত মোহিত হৈ তেওঁক আলিঙ্গন কৰাৰ সময়ত বিশ্বকৰ্মাৰ উদ্দীপনা আৰু ঔৰসত বানৰ মাতৃৰ গৰ্ভত নলৰ জন্ম হয়। কোনো কোনোৰ মতে সেতু নিৰ্মাণৰ বাবে বানৰ সৈন্যয় সামগ্ৰী একত্ৰিত কৰাৰ বিপৰীতে নলে অকলেই এই সেতুখন নিৰ্মাণ কৰে। কোনো কোনো পণ্ডিতৰ মতে বানৰ সেনা নলৰ পৰিদৰ্শনে আৰু তেওঁৰ বুদ্ধিত পাঁচদিনতে এই সেতুখন নিৰ্মাণ হয়। দক্ষিণ ভাৰতৰ ৰামায়ণৰ এক স্থানীয় প্ৰকাৰ কম্ব ৰামায়ণত কেৱল নলকেই সেতুৰ স্থাপত্য শিল্পী তথা নিৰ্মাতা বুলি উল্লেখ কৰা হৈছে। তুলসীদাস গোস্বামীৰ ৰামচৰিতমানসত এই সেতু নিৰ্মাণ সম্পৰ্কে নলৰ সৈতে তেওঁৰ ভ্ৰাতা নীলৰো উল্লেখ পোৱা যায়। ৰামায়ণৰ কিছু সংস্কৰণত উল্লেখ আছে যে, নলৰ শিলক পানীত ওপঙি ৰখাৰ ক্ষমতা আৰু দক্ষতা আছিল, যাৰ ব্যৱহাৰেৰে নলে এই সেতু নিৰ্মাণ কৰাত সফল হয়। আৰু কিছু সংস্কৰণত নলৰ সৈতে তেওঁৰ ভ্ৰাতা নীলৰো সেই অনুৰূপ দক্ষতা আছিল বুলি উল্লেখ আছে, ফলত নল আৰু নীলে একত্ৰে উক্ত বিদ্যাৰ ব্যৱহাৰ কৰি সেতু নিৰ্মাণ কৰে। এই ঘটনাৰ ন্যায্যতাৰ প্ৰতিপাদন কৰিবলৈ গ'লে এক কিংবদন্তি পোৱা যায় যে নল-নীল কৈশোৰকালত খুব দুষ্টু প্ৰকৃৃতিৰ আছিল আৰু মুনি ঋষি সকলৰ আৰাধ্য দেৱ-দেৱীৰ দিব্য মূৰ্তি চুৰ কৰি পানীত পেলাই দিছিল। ইয়াৰ প্ৰতিবিধানস্বৰূপ মুনি ঋষিগণে ভাগ্যবিধান দিয়ে যে, নল আৰু নীলৰ দ্বাৰা পানীত পেলোৱা যিকোনো প্ৰস্তৰমূৰ্তি বা প্ৰস্তৰ খণ্ডই পানীত ডুব নাযাব। আন এটি জনশ্ৰুতি অনুসাৰি বৰুণদেৱে ৰামক আশ্বস্ত কৰি কয় যে দেৱস্থপতি নল আৰু নীলৰ দ্বাৰা পানীত পেলোৱা শিল পানীত ডুব নাযাব। কিন্তু সমুদ্ৰৰ সোতৰ ফলত তেওঁলোকে কেৱল শিলবোৰ পানীত স্থায়ীভাৱে স্থাপন কৰিব পৰা নাছিল। এই সমস্যাৰ সমাধান স্বৰূপে শ্ৰীৰামভক্ত বানৰসকলৰ দলপতি হনুমানে শিলবোৰত ৰাম নাম খোদিত কৰে যাতে শিলবোৰ ইটো সিটোৰ গাত লাগি থাকে আৰু এই উপায়টো পিছত ফলপ্ৰসূ হয়। তেলেগু তথা বাংলা আদি আঞ্চলিক ভাষাৰ ৰামায়ণৰ সংস্কৰণ সমূহ আৰু জাভাৰ ছায়ানাটিকা সমূহৰ ক্ষেত্ৰটো সেতু নিৰ্মাণ কাৰ্যত নল-নীল আৰু হনুমানৰ অৱদানৰ মাজত মতভেদ আছে। নলে তেওঁৰ অশুচি বাওঁ হাতেৰে হনুমানৰ পৰা শিলবোৰ লৈ পবিত্ৰ সোঁহাতেৰে সমূদ্ৰত পেলোৱাক লৈ দুঃখ অনুভৱ কৰি ৰামক এই কথা ব্যক্ত কৰে। প্ৰত্যুত্তৰত ৰামে কয় যে নিৰ্মাণ কাৰ্যৰ ক্ষেত্ৰত বস্তু কঢ়িয়াবলৈ এই নীতিয়েই ব্যৱহাৰ হয়। পঞ্চদশ শতাব্দীত লিখা আনন্দ ৰামায়ণ নামৰ ৰামায়ণৰ এটি সংস্কৰণত উল্লেখ আছে যে সেতু নিৰ্মাণৰ আগতে ৰামে নলে অনা নটা জ্যোতিৰ্ময় শিলক নৱগ্ৰহৰূপে পূজা কৰে। যুদ্ধক্ষেত্ৰত নল দক্ষিণ ভাৰতীয় কম্ব ৰামায়ণ অনুসৰি লংকাত উপস্থিত হোৱাৰ পিছত নলে নিজ তদাৰকিৰে বানৰ সেনা থাকিবলৈ এটা আৱাসস্থল নিৰ্মাণ কৰে। তেওঁ সোণ আৰু বাখৰ খচিত তম্বুৰে বানৰ সেনাৰ বাবে এখন চহৰ নিৰ্মাণ কৰে। বিপৰীতে নিজ থাকাৰ বাবে অতিসামান্য বাঁহ, কাঠ আৰু খেৰ আদিৰে এটি সাধাৰণ কুটিৰ নিৰ্মাণ কৰিছিল। ৰাম-ৰাবণৰ যুদ্ধত নল ৰামৰ পক্ষে, ৰাৱণ আৰু তেওঁৰ ৰাক্ষস সৈন্যদলৰ বিৰুদ্ধে যুদ্ধ কৰে। কাহিনী অনুসাৰি ৰাৱণপুত্ৰ ইন্দ্ৰজিৎৰ বাণত নল গুৰুতৰভাৱে আহত হয়। নলে তপন নামৰ এক ৰাক্ষসক যুদ্ধক্ষেত্ৰত নিহত কৰে। মহাভাৰতৰ এক বিৱৰণ অনুসৰি নলে তুণ্ডক নামৰ এক দানৱক হত্যা কৰিছিল। জৈন সংস্কৰণ জৈন গ্ৰন্থ অনুসৰি নলে জৈনদীক্ষা গ্ৰহণ কৰে আৰু বৰ্তমানৰ মহাৰাষ্ট্ৰৰ মাঙ্গী-তুঙ্গীৰ ওচৰত মোক্ষ লাভ কৰে। তথ্য সংগ্ৰহ সহায়ক গ্ৰন্থ ৰামায়ণ ৰামায়ণৰ
63032
https://as.wikipedia.org/wiki/%E0%A6%B9%E0%A7%B0%E0%A6%BF%E0%A6%B6-%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0
হৰিশ-চন্দ্ৰ
হৰিশ-চন্দ্ৰ ১১ অক্টোবৰ, ১৯২৩ ১৬ অক্টোবৰ, ১৯৮৩) এজন ভাৰতীয় মূলৰ আমেৰিকান গণিতজ্ঞ আৰু পদাৰ্থ বিজ্ঞানী। তেওঁ নিজৰ নামটো হৰিশচন্দ্ৰ বুলিয়েই লিখিছিল যদিও তেওঁৰ প্ৰথমখন বৈজ্ঞানিক গৱেষণা পত্ৰৰ প্ৰকাশৰ সময়ত সম্পাদকে তেওঁৰ নামটোৰ শব্দযুগলৰ মাজত এডাল হাইফেন বহুৱাই দিলে, হৰিশ-চন্দ্ৰ। তেতিয়াৰে পৰা তেওঁ নামটো সেইধৰণে লিখিবলৈ লয়।তেওঁ প্ৰতিনিধিত্ব তত্ত্ব বিশেষকৈ অৰ্ধসৰল লী )ৰ সমঞ্জস বিশ্লেষণ )ৰ ওপৰত কাম কৰিছে। জন্ম পৰিচয় ১৯২৩ চনৰ ১১ অক্টোবৰত হৰিশ-চন্দ্ৰৰ কানপুৰত জন্ম হয়।তেওঁৰ দেউতাক চন্দ্ৰকিশোৰ আছিল জলসিঞ্চন বিভাগৰ এজন অভিযন্তা। মাতৃৰ নাম চন্দ্ৰাননী। বিয়াৰ আগতে মাকৰ নাম আছিল সত্যগতি শেঠ। দেউতাক চন্দ্ৰকিশোৰ আছিল মহাত্মা গান্ধীৰ অনুগত সেৱক আৰু জাতি-ভেদ প্ৰথাৰ বিৰোধী। সেয়ে তেওঁ পৰিয়ালৰ উপাধিটো লেখিবলৈ বাদ দিয়ে আৰু সতি সন্ততিকো লেখিবলৈ নিদিয়ে। কৰ্তব্যৰ তাগিদাত চন্দ্ৰকিশোৰ দিহিঙে-দিপাঙে ঘূৰি ফুৰিব লগা হোৱা বাবে পত্নী আৰু ল'ৰা-ছোৱালীক কানপুৰৰ শহুৰেকৰ ঘৰত ৰাখে। শিক্ষা জীৱন হৰিশ-চন্দ্ৰৰ মাতামহ ৰামসনেথি শেঠ আছিল এজন আঢ্যৱন্ত উকীল। হৰিশ-চন্দ্ৰৰ বাবে তেওঁ ঘৰুৱা শিক্ষক ৰাখি দিয়ে আৰু সংগীতৰ শিক্ষক, নৃত্যৰ শিক্ষকো নিযুক্ত কৰি দিয়ে। ককাকেই ন বছৰ বয়সত হৰিশ-চন্দ্ৰক ক্ৰাইষ্ট ছাৰ্ছ হাইস্কুলত নাম লগাই দিয়ে।তাৰ পৰা ১৪ বছৰ বয়সত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কানপুৰৰ বিশ্বম্ভৰ নাথ সনাতন ধৰ্ম ইণ্টাৰ কলেজ )ত ভৰ্তি হয়। ১৯৪১ চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত আৰু ১৯৪৩ চনত একেখন বিশ্ববিদ্যালয়ৰ পৰাই পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয়। উল্লেখযোগ্য যে পদাৰ্থ বিজ্ঞানী পল এ এম ডিৰাকৰ পঢ়ি বিস্ময়-বিমুগ্ধ হৈ হৰিশ-চন্দ্ৰই তাত্ত্বিক পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰিব বুলি ভাবিছিল। গৱেষণা আৰু কৰ্মজীৱন এলাহাবাদ বিশ্ববিদ্যালয়ত হৰিশ-চন্দ্ৰৰ অন্যতম প্ৰিয় শিক্ষক আছিল পদাৰ্থ বিজ্ঞানী কে শ্ৰীনিবাস কৃৃৃৃৃৃৃৃৃষ্ণন। এইজন পদাৰ্থ বিজ্ঞানীৰ গুৰু আছিল চন্দ্ৰশেখৰ ভেঙ্কটৰমণ। কে শ্ৰীনিবাস কৃৃৃৃৃৃৃৃৃষ্ণনৰ নিৰ্দেশানুযায়ী হৰিশ-চন্দ্ৰই বাংগালোৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অব ছায়েন্সত হোমি জাহাঙ্গীৰ ভাবাক লগ ধৰি ভাৱাৰ লগত তাত্ত্বিক পদাৰ্থ বিজ্ঞানত গৱেষণা আৰম্ভ কৰে। বাংগালোৰলৈ গৈ প্ৰথম ছমাহ তেওঁ উদ্ভিদবিজ্ঞানী ড॰ কালেৰ ঘৰত আলহী হিচাপে থাকে। ড॰ কালেৰ সহধৰ্মিণীয়ে চন্দ্ৰক বৰ আদৰ-সাদৰ কৰিছিল আৰু ফৰাচী ভাষা শিকাইছিল। উল্লেখযোগ্য যে কালে দম্পতীৰ দুহিতা ললিতাৰ লগতে তেওঁ পিছলৈ বিবাহ-পাশত আবদ্ধ হয়। পদাৰ্থ বিজ্ঞানৰ পৰা গণিত শাস্ত্ৰলৈ বিজ্ঞানী ভাবাৰ লগত হৰিশ-চন্দ্ৰই প্ৰায় দুবছৰ গৱেষণা কৰে আৰু গৱেষণা পত্ৰ প্ৰকাশ কৰে। বিজ্ঞানী ভাৱাৰ গুৰু আছিল পল ডিৰাক। হৰিশ-চন্দ্ৰৰ গৱেষণা পত্ৰৰ বিষয়বস্তু ডিৰাকৰ বিষয় লৈয়ে আছিল আৰু সেই সূত্ৰে তেওঁ ডিৰাকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ১৯৪৫ চনত কেমব্ৰিজলৈ গৈ হৰিশ-চন্দ্ৰই ডিৰাকৰ অধীনত তাত্ত্বিক পদাৰ্থ বিজ্ঞানত গৱেষণা আৰম্ভ কৰে। প্ৰথমে তেওঁ ডিৰাকৰ শ্ৰেণীসমূহত উপস্থিত আছিল। এদিন দেখিলে যে ডিৰাকে তেওঁৰ কিতাপ এখনৰ পৰাই পঢ়ুৱায়। তেতিয়া তেওঁ ক্লাছ কৰিবলৈ বাদ দি এটা "টাৰ্ম"ত এবাৰ লগ কৰা হ'ল। ১৯৪৭ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা পি এইছ ডি ডিগ্ৰী লাভ কৰে। সেই সময়ত তেওঁ গণিতজ্ঞ লিটল্উড আৰু হ'লৰ বক্তৃতাসমূহ শুনিছিল। পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ ৱল্ফগেঙ্গ ইৰাষ্ট পলিৰ বক্তৃতাসমূহো তেওঁ শুনিছিল আৰু পলিৰ এটা খুঁতো ধৰা পেলাইছিল। ১৯৪৭-৪৮ চনত হৰিশ-চন্দ্ৰক সহযোগী হিচাপে লৈ পল ডিৰাকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰিন্সটনৰ ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিলৈ যায়। তাত হৰিশ-চন্দ্ৰই তাত তিনিজন কুশাগ্ৰবুদ্ধিৰ গণিতজ্ঞৰ সান্নিধ্যলৈ অহাৰ সুবিধা পায়- হাৰমান ওয়েল (১৮৮৫-১৯৫৫), এমিল আৰ্তিন (১৮৯৮-১৯৬২) আৰু ক্লড ছেভিলি (১৯০৯-১৯৮৪)। এওঁলোকক লগ পাই হৰিশ-চন্দ্ৰই পদাৰ্থ বিজ্ঞানৰ চাহ এৰা দিয়ে। এই সন্দৰ্ভত তেওঁ লিখিছে, নিৰ্ধাৰিত সময়ৰ অন্তত ডিৰাক কেমব্ৰিজলৈ উভতি গ'লেও হৰিশ-চন্দ্ৰ প্ৰিন্সটনতে থাকি যায়। এবছৰৰ পিছত তেওঁ হাৰ্ৱাৰ্ড বিশ্ববিদ্যালয়লৈ যায় আৰু ১৯৫০ চনৰ পৰা ১৯৬৩ চনলৈ কলম্বিয়া বিশ্ববিদ্যালয়ত থাকে। কলম্বিয়া বিশ্ববিদ্যালয়ত থকা কালছোৱাৰ মাজতে তেওঁ মুম্বাইৰ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত কাম কৰে। সেই সময়তে তেওঁ বিয়াও পাতে। ১৯৬৩ চনত তেওঁ প্ৰিন্সটনৰ ইনষ্টিটিউট অৱ এডভান্সত নিগাজিকৈ থানিকা পাতে। হৰিশ-চন্দ্ৰই আৰু ত অৱদান আগবঢ়াই গৈছে। গৱেষণা পত্ৰ মৃত্যু ১৯৮৩ চনৰ ১৬ অক্টোবৰত হৰিশ-চন্দ্ৰৰ পৰলোকপ্ৰাপ্তি ঘটে। সেইদিনা গণিতজ্ঞ আৰমাণ্ড ব'ৰেলৰ ষাঠিতম জন্মদিৱস উপলক্ষে হোৱা এটা অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিছিল। বঁটা সন্মান হৰিশ-চন্দ্ৰ কেইবাটাও অনুষ্ঠানৰ সভ্য আছিল। সেইসমূহ হ'ল ৰয়েল ছ'চাইটি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেচনেল একাডেমী অৱ ছায়েন্স, ইণ্ডিয়ান একাডেমী অৱ ছায়েন্স আৰু ইণ্ডিয়ান নেচনেল ছায়েন্স একাডেমী। কানপুৰৰ ভি.এছ.এছ.ডি. মহাবিদ্যালয়ৰ গণিত বিভাগে প্ৰতি বছৰে তেওঁৰ জন্মদিনটো বিভিন্ন ধৰণে পালন কৰি আহিছে। তাৰ ভিতৰত বিভিন্ন মহাবিদ্যালয়, প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী আৰু অধ্যাপকৰ বক্তৃতানুষ্ঠান আৰু হৰিশ-চন্দ্ৰ গৱেষণা প্ৰতিষ্ঠানলৈ শিক্ষাৰ্থীৰ ভ্ৰমণ আদি কাৰ্যসূচী অন্তৰ্ভুক্ত। ১৯৮১ চনত য়েল বিশ্ববিদ্যালয়ৰ পৰা তেওঁ এক সন্মানীয় ডিগ্ৰী অৰ্জন কৰে। ১৯৫৪ চনত আমেৰিকান মেথেমেটিকেল ছ'চাইটিয়ে তেওঁক ক'ল প্ৰাইজেৰে সন্মানিত কৰে। ১৯৭৪ চনত ইণ্ডিয়ান নেচনেল ছায়েন্স একাডেমীয়ে তেওঁক ৰামানুজন পদকেৰে সন্মান যাচে। ১৯৭৭ চনত তেওঁ পদ্মভূষণ বঁটা লাভ কৰে। এলাহাবাদত তেওঁৰ নামতে, তাত্ত্বিক পদাৰ্থবিজ্ঞান আৰু গণিতত উচৰ্গিত হৰিশ-চন্দ্ৰ গৱেষণা প্ৰতিষ্ঠিত। ৰবাৰ্ট লেঙ্গলেনে হৰিশ-চন্দ্ৰৰ জীৱনীমূলক প্ৰবন্ধ এটাত লিখিছে: গ্ৰন্থপঞ্জী তথ্যউৎস আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি ভাৰতীয় মূলৰ আমেৰিকান মৃত ব্যক্তি গণিতজ্ঞ পদাৰ্থ বিজ্ঞানী পদ্মভূষণ বঁটা
33939
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%20%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%20%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A7%B0%20%E0%A6%B8%E0%A6%AA%E0%A7%8D%E0%A6%A4%E0%A6%AE%20%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%87%E0%A6%B7%20%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%95%20%E0%A6%B2%E0%A6%BF%E0%A6%A1%E0%A7%81%20%E0%A6%85%E0%A6%A7%E0%A6%BF%E0%A7%B1%E0%A7%87%E0%A6%B6%E0%A6%A8%20%28%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%A8%29
অসম সাহিত্য সভাৰ সপ্তম বিশেষ বাৰ্ষিক লিডু অধিৱেশন (২০১২)
অসম সাহিত্য সভাৰ সপ্তম বিশেষ বাৰ্ষিক লিডু অধিৱেশন ২০১২ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈকে ৫ দিনীয়া কাৰ্য্যসূচীৰে তিনিচুকীয়া জিলাৰ লিডুৰ নিংৰুলা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ যায়। সাহিত্য সভাৰ আনুষ্ঠানিক সভাৰ বাহিৰেও অধিৱেশনস্থলীত গ্ৰন্থ উৎসৱ আৰু বাণিজ্য মেলাও অনুষ্ঠিত হয়। গ্ৰন্থমেলাখন মামণি ৰয়ছম গোস্বামীৰ নামেৰে ড॰ মামণি ৰয়ছম গোস্বামী গ্ৰন্থমেলা ৰখা হৈছিল। এই অধিৱেশনত অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল। তৰুণ গগৈ (অসমৰ মুখ্যমন্ত্ৰী), (নগৰ উন্নয়ন মন্ত্ৰী, নাগালেণ্ড), পৱন সিং ঘাটোৱাৰ (কেন্দ্ৰীয় মন্ত্ৰী), সীতা মডেম্বা (কবি, নেপাল), গমা (লিখক, অসম), নলিনী প্ৰভা ডেকা (লিখক, অসম) পিনাকী ঠাকুৰ (কবি, পশ্চিম বংগ), দামোদৰ মাজৌ (লিখক, গোৱা), হোমেন বৰগোহাঞি, য়েছে দৰজে ঠংচি, ড॰ ৰীতা চৌধুৰী প্ৰমুখ্যে বহুকেইজন ব্যক্তি এই অধিৱেশনৰ অতিথি আছিল। অধিৱেশনথলী অসম সাহিত্য সভাৰ সপ্তম বাৰ্ষিক লিডু অধিৱেশন অসমৰ পূব প্ৰান্তৰ তিনিচুকীয়া জিলাত আয়োজন কৰা হৈছিল। ২০১২ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ এই অধিৱেশন অনুষ্ঠিত হৈছিল। এই অধিৱেশনথলী তিনিচুকীয়া চহৰৰ পৰা ৪৫ কিঃমিঃ দূৰত অৱস্থিত লিডুৰ অস্থায়ী “নিংগ্ৰুলা সমন্বয় ক্ষেত্ৰত” অনুষ্ঠিত হৈছিল। দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত হোৱা লিডু এয়াৰফিল্ডৰ কাষতে এই অধিৱেশন অনুষ্ঠিত হৈছিল। অধিৱেশন থলীৰ মূল মণ্ডপত৪০০০ লোক একেলগে বহিব পৰাৰ ব্যৱস্থা আছিল। অভ্যৰ্থনা লিডু অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি আছিল অসমৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে। কাৰ্য্যসূচী ৩১ জানুৱাৰী ২০১২ ২০১২ চনৰ ৩১ জানুৱাৰীত, বিগত বৰ্ষৰ অসম সাহিত্য সভাৰ কাৰ্য্যবাহী বিষয়াসকলৰ আলোচনাৰে লিডু অধিৱেশনৰ আৰম্ভণি হয়। ১ফেব্ৰুৱাৰী, ২০১২ অধিৱেশনৰ আৰম্ভণিতে, স্থানীয় বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে উপস্থিত সকলো সাহিত্যপ্ৰেমী ৰাইজকে আদৰণি জনায়। ভাষণত তেওঁ লিডুৰ ইতিহাস আৰু দ্বিতীয় বিশ্বযুদ্ধত ঠাইখনৰ ভূমিকাৰ বিষয়ে থুলমূল আভাস আগবঢ়ায়। ম্যানমাৰ হৈ চীনলৈ লিডুৰ লগত সংযোগ কৰা ঐতিহাসিক লিডু ৰোডৰ কথা নীলমণি সেন ডেকাই উল্লেখ কৰে। লিডু অধিৱেশনৰ প্ৰথম দিনা ৰংবং তেৰাঙৰ সভাপতিত্বত অনুষ্ঠান আৰম্ভ হয়। এই অনুষ্ঠানত অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ শৈক্ষিক সংস্থাসমূহৰ প্ৰতিনিধিয়ে ভাগ লৈছিল। ইয়াৰ উপৰিও নানা জনগোষ্ঠী তথা সম্প্ৰদায় যেনে বড়ো, ছিংফৌ, মিচিং, ডিমাছা, কাৰ্বি, দেউৰী, মৰাণ, টাই-আহোম, মত্তক, ভোজপুৰী, নেপালী, চেমা, টাংছা, বিষ্ণুপ্ৰিয়া মণিপুৰী, বেংগলী, চাহ-জনগোষ্ঠীৰ প্ৰতিনিধিও এই অনুষ্ঠানৰ অংশীদাৰ আছিল। সাহিত্য অকাডেমিৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক, ড॰ ৰাম কুমাৰ মুখোপাধ্যায়ে গ্ৰন্থপ্ৰেমী সকলৰ বাবে জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ স্মৃতিত ড॰ মামণি ৰয়ছম গোস্বামী গ্ৰন্থমেলা উদ্বোধন কৰে। ইয়াৰ পিছত কেইবাখনো গ্ৰন্থ উন্মোচন কৰাৰ লগতে প্ৰদৰ্শনীৰ মুকলি কৰা হয়। শিশুসকলৰ লগত ভাৱ-বিনিময়ৰ অনুষ্ঠানত সাহিত্যিক কেংচাং কেনলাঙে অংশগ্ৰহণ কৰিছিল। ৰাজ্যিক কৃষি মন্ত্ৰী নীলমণিসেন ডেকাই প্ৰদৰ্শনীৰ উদ্বোধন কৰে। সাহিত্য উৎসৱৰ সময়ত ছজন শিল্পী, নানী বৰপূজাৰী, আমিন উল হক, কিশোৰ দাস, দেৱেনন্দ উলোপ আৰু বন্দনা বৰদলৈক সম্বৰ্ধনা জনোৱা হয়। ড॰ কুটুবুদ্দিন আহমেদ, ড॰ বলেন্দ্ৰ কুমাৰ দাস, ড॰ পৰাগ কুমাৰ ভট্টাচাৰ্য্য, ভূপেন শইকীয়া, ড॰ প্ৰদীপ ভূঞা প্ৰমুখ্যে কেইবাজনো সাহিত্যিকে ৬০ খনৰো অধিক গ্ৰন্থ উন্মোচন কৰে। সভাৰ সভাপতি ৰংবং তেৰাঙেস্মৰণিকা উন্মোচন কৰে। সাংস্কৃতিক সন্ধিয়া ১ ফেব্ৰুৱাৰীৰ সন্ধিয়া ভূপেন হাজৰিকাৰ স্মৃতিত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠান উদ্বোধন কৰে অৰুণাচল প্ৰদেশৰ শিল্পী হেমন্ত বেঙিয়াই। এই অনুষ্ঠানত বিভিন্ন জনগোষ্ঠী তথা সম্প্ৰদায় যেনে টাই-আহোম, কাৰ্বি, ছিংফৌ, বড়ো, নেপালী, তিৱা, টাই-খামিয়াং লোকে নিজৰ নিজৰ লোকনৃত্য প্ৰদৰ্শন কৰে। ইয়াৰ উপৰি গায়ক সমৰ হাজৰিকাই নিজৰ গানেৰে সন্ধিয়া উপস্থিত দৰ্শকক আপ্লুত কৰি ৰাখিছিল। ২ ফেব্ৰুৱাৰী, ২০১২ ২ ফেব্ৰুৱাৰীৰ দিনা কবিতা আবৃত্তি, ভূপেন্দ্ৰ সংগীত আৰু ৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। য়েছে দৰজে ঠংচি, অনুৰাধা শৰ্মা পূজাৰী আৰু নৱাগত লেখক আৰু শিল্পীসকলৰ মাজত এখন আলোচনাৰ আয়োজন কৰা হৈছিল। ড॰ এম চি ভট্টাচাৰ্যৰ স্মৃতিত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। সেইদিনা সাহিত্য অকাডেমি বঁটা বিজয়ী য়েছে দৰজে ঠংচিয়ে ৰামধেনু নামৰ এটা অনুষ্ঠানৰ সভাপতিৰ পদ অলংকৃত কৰে। নৱাগত লেখক সকলৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। আনহাতে, সেইদিনাই পদ্মশ্ৰী বঁটা বিজয়ী মামঙ দায়ে আন এটা অনুষ্ঠান আকাশ মুকলি কৰে। এই অনুষ্ঠানটো কেৱল মহিলাৰ বাবে আয়োজন কৰা হৈছিল। সাংস্কৃতিক সন্ধিয়া সন্ধিয়া বিমল ভট্টাচাৰ্য সোঁৱৰণি সাংস্কৃইক সন্ধিয়া অনুষ্ঠিত হয়। অনুষ্ঠান মুকলি কৰে প্ৰখ্যাত অভিনেতা আৰু নাট পৰিচালক দুলাল ৰয়ে। এই অনুষ্ঠানত সত্ৰীয়া নৃত্য, ওৰিয়া গীত আৰু নৃত্য, ৰাজস্থানী গীত আৰু নৃত্য, খামতিসকলৰ অন্ধ্ৰ প্ৰদেশৰ নৃত্য, ভোজপুৰী লোকনৃত্য, ম্ণিপুৰী পং-চলঙ নৃত্য আৰু নেপালী লোকনৃত্য পৰিৱেশন কৰা হয়। সেই নিশাৰ মূল আকৰ্ষণ আছিল পুলক বেনাৰ্জীৰ গীত পৰিৱেশন। ৩ ফেব্ৰুৱাৰী, ২০১২ সেই দিনা আবেলি, কেৱল নৱাগত মহিলা লেখিকাসকলৰ বাবে আকাশ নামৰ এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানৰ সভাপতি আছিল ভূপেন শইকীয়া আৰু নিৰ্দেশক আছিল ড॰ শমিম আখতাৰ। অনুষ্ঠান মুকলি কৰিছিল অৰুণাচল প্ৰদেশৰ মামং দাইয়ে। অনুৰাধা শৰ্মা পূজাৰী এই অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল। অসমৰ বিভিন্ন প্ৰান্তৰ ৪১ গৰাকী লেখিকাই অংশগ্ৰহণ কৰিছিল। সাংস্কৃতিক সন্ধিয়া সেইদিনা আনন্দ মোহন ভাগৱতী-ৰামেশ্বৰ পাঠক সোঁৱৰণিত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। এই অনুষ্ঠান মুকলি কৰে শিল্পী তথা ৰাজ্যসভাৰ সাংসদ কুমাৰ দীপক দাসে। এই অনুষ্ঠানত মঙ্গলদৈৰ দেওধানী নৃত্য, বৰপেটাৰ ভোৰতাল, মণিপুৰৰ ৰাস নৃত্য, মঙ্গলদৈৰ ঢেপা ঢোল, গোলাঘাটৰ মেছ-কছাৰী, বৰপেটাৰ নাও-খেল, টাই-খামটিৰ কুকুৰা যুঁজ আৰু ডি ৱাই মেডলিৰ গান পৰিৱেশন কৰা হৈছিল। ৪ ফেব্ৰুৱাৰী, ২০১২ ৪ ফেব্ৰুৱাৰীৰ দিনা মুকলি সভা উদ্বোধন কৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ন্যায়াধীশ ড মুকুন্দকাম শৰ্মাই। পুৱাৰ সভাত বিশিষ্ট অতিথি ৰূপে আছিল নাগালেণ্ডৰ মন্ত্ৰী পিছবেলা অনুষ্ঠিত হোৱা সভাত অসমৰ মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে বিশিষ্ট অতিথিৰ পদ অলংকৃত কৰিছিল। সেইদিনাৰ সভাত অসম সাহিত্য সভাৰ কেইবাজনো সভাপতি, দেশৰ বিভিন্ন ঠাইৰ লিখক, ড’নাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, শিক্ষামন্ত্ৰী হিমন্ত বিশ্বশৰ্মা, বড়ো সাহিত্য সভাৰ সভাপতি ড কমলেশ্বৰ ব্ৰহ্মই অংশগ্ৰহণ কৰিছিল। সমাপ্ত ২০১২ চনৰ ৪ ফেব্ৰুৱাৰীৰ নিশা আনুষ্ঠানিক ভাৱে অসম সাহিত্য সভাৰ সপ্তম বিশেষ বাৰ্ষিক লিডু অধিৱেশন সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈছিল। সামৰণি অনুষ্ঠান মুকলি কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে। সেই অনুষ্ঠানত সোণোৱাল-কছাৰী, টাঙছা, মৰাণ, চেমা, বেঙ্গলীসকলে নিজৰ লোকনৃত্য প্ৰদৰ্শন কৰে। ইয়াৰ উপৰি ডিগবৈৰ হুঁচৰি দল এটাই বিহু নৃত্য, ধুবুৰীৰ এটা দলে নৃত্য প্ৰদৰ্শন কৰে। স্থানীয় শিল্পীৰ লগতে অসমৰ কেইবাজনো প্ৰখ্যাত শিল্পীয়ে গীত পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰি ৰাখিছিল। ৫ ফেব্ৰুৱাৰী, ২০১২ যদিও ৪ ফেব্ৰুৱাৰীৰ দিনাই এই অধিৱেশনৰ আনুষ্ঠানিক ভাৱে সামৰণি পৰিছিল, তথাপি ৫ ফেব্ৰুৱাৰীৰ দিনা অসম সাহিত্য সভাৰ সভাপতি ৰংবং তেৰাং আৰু অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ সাহিত্যিক সকলৰ মাজত এলানি অন্তৰংগ আলাপ অনুষ্ঠিত হয়। ইয়াৰ উপৰি গ্ৰন্থমেলাও ৫ ফেব্ৰুৱাৰীৰ আবেলি পৰলৈকে অনুষ্ঠিত হৈছিল। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ 2012, অসম সাহিত্য সভাৰ
59684
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%A8%E0%A7%8B%E0%A6%AE%E0%A6%A4%E0%A7%80
মনোমতী
মনোমতী উপন্যাসখন ৰজনীকান্ত বৰদলৈয়ে বৰপেটাত চাকৰি কৰি থাকোঁতে ১৮৯৭ চনৰ এপ্ৰিল মাহৰ আগতে লিখি শেষ কৰে আৰু ১৯০০ চনৰ ফেব্ৰুৱাৰী মাহত ইয়াক ছপাই উলিয়ায়। এয়া এখন সাৰ্থক বুৰঞ্জীমূলক উপন্যাস। মানৰ তৃতীয়বাৰ অসম আক্ৰমণৰ ঘটনাই ইয়াৰ মূল উপজীৱ্য। উপন্যাসখন দুটা ভাগত বিভক্ত। প্ৰথম খণ্ডত ঊনৈশটা অধ্যায় আৰু দ্বিতীয় খণ্ডত সামৰণি অধ্যায়কে ধৰি ছাব্বিশটা অধ্যায় আছে। দুটা সম্ভ্ৰান্ত ঘৰৰ পৰিয়ালৰ মাজত হৈ থকা বিবাদে কেনেকৈ নিজ দেশলৈ বিপদ মাতি আনিলে তাৰেই কথা এই উপন্যাসখনৰ মাজেৰে জানিব পাৰি। মানে অসম আৰু অসমীয়াক কেনেকৈ জৰুলা কৰিছিল তাৰে এটা কৰুণ চিত্ৰ উপন্যাসৰ কাহিনীভাগৰ মাজেদি চিত্ৰিত হৈছে। 'মনোমতী' উপন্যাসৰ পটভূমি ঐতিহাসিক, কিন্তু কাহিনী আংশিকভাৱে জনশ্ৰুতিমূলক, যদিও সৰহভাগ কথাই কাল্পনিক। চৰিত্ৰাৱলীৰো অধিক সংখ্যক কাল্পনিক। কাহিনী কামৰূপৰ যুগীৰ পামৰ হলকান্ত বৰুৱাৰ লগত বৰনগৰীয়া চণ্ডী বৰুৱাৰ পুৰুষানুক্ৰমে বিবাদ। চণ্ডী বৰুৱাৰ ওপৰত হলকান্ত বৰুৱাই নিজৰ ঈৰ্ষানল চৰিতাৰ্থ কৰিবলৈ আৰু তাৰ লগত নিজৰ তলতীয়া অঞ্চলক মানৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ গুৱাহাটীৰ পৰা ভটিয়াই কামৰূপৰ ফালে আগবাঢ়ি অহা মান সেনাৰ লগ লাগে। ইফালে পুতেক লক্ষ্মীকান্তই বাপেকৰ প্ৰকৃত উদ্দেশ্য গম নাপাই মানক ভেটিবলৈ বুলি সৈন্য সংগ্ৰহ কৰিবলৈ আৰু লগতে বৰপেটা দৌলোৎসৱত দেখা পোৱা বৰনগৰীয়া বৰুৱাৰ ধৰ্মীয়া জীয়েক মনোমতীৰ সম্ভেদ লবলৈ বৰনগৰলৈ যায়। তাতে পূৰ্বনিৰ্দিষ্ট মতে চণ্ডী বৰুৱাৰ আশ্ৰিত শান্তিৰাম আৰু আশ্ৰিতা পমীলাক লগ ধৰে। সুচতুৰ পমীলাই মনোমতীৰ প্ৰতি লক্ষ্মীকান্তৰ অনুৰাগ বুজিব পাৰি এহাতে বৰনগৰীয়া বৰুৱাৰ লগত পৰিচয় কৰাই সৈন্য সংগ্ৰহত সহায় কৰাৰ আশা দি আৰু মনোমতীৰ লগত সাক্ষাৎ কৰাৰ প্ৰলোভন দেখুৱাই ৰাতিটো লক্ষ্মীকান্তত চণ্ডী বৰুৱাৰ হাউলীতে ৰাখে। সেই ৰাতিয়ে মানে চণ্ডী বৰুৱাৰ হাউলী আক্ৰমণ কৰে আৰু লক্ষ্মীকান্ত, মনোমতী, শান্তিৰাম, পমীলা আৰু চণ্ডী বৰুৱাক বন্দী কৰি লৈ যায়। পমীলাই নিজা বুদ্ধিত নিজৰ লগতে মনোমতীকো মানৰ হাতৰ পৰা ৰক্ষা কৰে। মানৰ সেনাপতি মিঙ্গিমাহাৰ ৰক্ষিতা পদুমীৰ কৌশলত শান্তিৰামে নিজৰ লগতে বাকী বন্দীবোৰকো উদ্ধাৰ কৰি পলাই লৈ যায় যদিও চণ্ডী বৰুৱাক উদ্ধাৰ কৰিব নোৱাৰিলে। মানে চণ্ডী বৰুৱাক হত্যা কৰে আৰু শান্তিৰামক সহায় কৰাৰ সন্দেহত পদুমীক জুইত পুৰি মাৰে। ইংৰাজৰ হাতত মানহঁত হাৰি উভতি পলাওঁতে বৰপেটা সত্ৰ আক্ৰমণ কৰে আৰু লুট-পাত কৰে। লক্ষ্মীকান্তৰ নেতৃত্বত বৰপেটীয়া ডেকাহঁতে বাধা দিয়ে যদিও ৰোধ কৰিব নোৱাৰে। মানহঁত সত্ৰ এৰি যোৱাৰ পিচত লক্ষ্মীকান্ত আৰু মনোমতীৰ মিলন হয়। হলকান্তই চণ্ডী বৰুৱাৰ পত্নীৰ ওচৰত ক্ষমা খুজি সন্ন্যাসী হৈ ভটিয়াই যায়। শান্তিৰামেও পমীলাৰ প্ৰেমৰ পাশত আবদ্ধ হৈ বিয়া কৰায়। চৰিত্ৰ চিত্ৰণ লক্ষ্মীকান্ত মনোমতী পমীলা শান্তিৰাম পদুমী মিঙ্গিমাহা মনোমতী উপন্যাসৰ নায়িকা হ'ল মনোমতী। মনোমতী স্বভাৱত ধীৰ-স্থিৰ, গহীন। মনোমতী পিতৃ মাতৃ ভক্তা। নিজৰ আই বোপাইক সৰুকালতে হেৰুৱাই ধৰ্মীয় পিতৃ মাতৃ চণ্ডী বৰুৱা আৰু বৰুৱানীকে নিজৰ পিতৃ মাতৃ জ্ঞান কৰিছে। তেওঁলোকৰ বাবে কৰণীয়খিনি মনোমতীয়ে শ্ৰদ্ধা সহকাৰে কৰিছে। মনোমতীৰ আগ্ৰহ, ধৈৰ্য আৰু সহিষ্ণুতা মন কৰিবলগীয়া। মানৰ দ্বাৰা আক্ৰান্ত লক্ষ্মীকান্তই মনোমতীৰ শুশ্ৰূষাতে সোনকালে আৰোগ্য লাভ কৰিছে। মনোমতীয়ে লক্ষ্মীকান্তক প্ৰাণভৰি ভাল পাইছিল যদিও প্ৰেমৰ নামত আত্ম বিসৰ্জন দিয়া নাছিল। সৰলতা, সাধুতা আৰু মিঠা ব্যৱহাৰ তেওঁৰ ব্যক্তিত্বৰ অলঙ্কাৰ স্বৰূপ। লক্ষ্মীকান্ত লক্ষ্মীকান্ত উপন্যাসখনৰ নায়ক। তেওঁ অতি সহজ সৰল আৰু সাহসী ডেকা ল'ৰা আছিল। ঔপন্যাসিকে নিজেই উপন্যাসত লক্ষ্মীকান্তৰ বিষয়ে লিখিছে, "শৰীৰত বল আৰু হৃদয়ত সাহ আছিল। মন তেওঁৰ উন্নত, হৃদয়ত দ্বেষ, পৰশ্ৰীকাতৰতা, ইত্যাদি কু প্ৰবৃত্তিবিলাকে ঠাই নাপাইছিল। স্বদেশক ভাল পাইছিল বাবেই মানক ভেটাৰ বাবেই সৈন্য গোটাবলৈ বৰনগৰলৈ গৈছিল। মনোমতীৰ লগত লক্ষ্মীকান্তৰ মনৰ সম্বন্ধ অতি নিবিড়ভাৱে জড়িত। লক্ষ্মীকান্তৰ বাবেই দুটি অহি নকুল সম্পৰ্কৰ পৰিয়াল বৈবাহিক সূত্ৰত আবদ্ধ হৈছে। মানৰ সৈতে লগা যুঁজঁখন উপন্যাসৰ ঘটনা বিকাশৰ পক্ষে বেছ গুৰুত্বপূৰ্ণ। সেই গুৰুত্বপূৰ্ণতাত লক্ষ্মীকান্তৰ অৰিহণা অধিক। পমীলা মনোমতী উপন্যাসখনৰ আন এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ হ'ল 'পমীলা'। পমীলা ৰাংঢালী, বুদ্ধিমতী, সুচতুৰা,উপস্থিত বুদ্ধিসম্পন্না, ধৈৰ্যশীলা আৰু পৰোপকাৰিনী। পমীলা মনোমতীৰ ছাঁৰ দৰে লাগি থাকে। পমীলা নাথাকিলে মনোমতী নিষ্প্ৰাণ, লক্ষ্মীকান্ত সহায়হীন, শান্তিৰাম উদাসীন আৰু চণ্ডী বৰুৱাও নিমাত নিতাল। চণ্ডী বৰুৱাক মান অহাৰ খবৰ পমীলায়ে দিছে, দুৰ্যোগৰ ৰাতি মানৰ আক্ৰমণ প্ৰতিহত কৰাৰ উদ্দেশ্যে নিদ্ৰাৰত ঘৰৰ আটাইকে জগাই দিছে, বৰটোপত জুই লগাইছে। নিজৰ লগতে মনোমতীকো মিঙ্গিমাহাৰ হাতৰ পৰা ৰক্ষা কৰিছে। মুঠতে কাহিনীৰ শেষলৈকে পমীলাৰ ভূমিকা অপৰিহাৰ্য হৈ পৰিছে। উপন্যাসত পমীলা চৰিত্ৰটো বেছি আকৰ্ষণীয়। দুটা বিৰোধ ভাৱাপন্ন পৰিয়ালৰ সন্তানৰ মাজত প্ৰেমৰ ভাৱ জগাই তোলা বহুত কঠিন। কিন্তু পমীলাই সেইটোকো সম্ভৱ কৰিছে। এগৰাকী কৰ্মকুশলী, লেখি লেখি খোজ দিব জনা বুদ্ধিমতী নাৰীৰ প্ৰতিচ্ছবি পমীলাৰ মাজত বিচাৰি পোৱা যায়। শাৰীৰিক সৌন্দৰ্যতকৈ যেনেকৈ পমীলা পিচ পৰা নহয়, তেনেকৈ হৃদয় বৃত্তি আৰু বুদ্ধিৰ ক্ষেত্ৰতো তাই সমানেই ভাস্বৰ। চলচ্চিত্ৰ ৰূপান্তৰ মনোমতী উপন্যাসখনৰ আধাৰত ৰোহিনী কুমাৰ বৰুৱাই নিৰ্মাণ কৰে একে নামৰ চলচ্চিত্ৰখন। ১৯৪১ চনত মুক্তি পোৱা এইখন আছিল তৃতীয়খন অসমীয়া চলচ্চিত্ৰ। তথ্যসূত্ৰ অসমীয়া গ্ৰন্থ অসমীয়া
70912
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%95%E0%A6%B2%E0%A6%BE
সত্ৰীয়া চিত্ৰকলা
সত্ৰীয়া চিত্ৰকলা অসমৰ সত্ৰসমূহত বা সত্ৰৰ সংস্পৰ্শত উৎপত্তি হোৱা এবিধ চিত্ৰশৈলী। সত্ৰ স্থাপনৰ গুৰিতে আছিল শ্ৰীমন্ত শঙ্কৰদেৱ। সেয়ে ৰ নামেৰে সত্ৰীয়া কলাৰ আন এটা নাম শঙ্কৰী কলা হৈছে। উৎপত্তি অসমৰ চিত্ৰকলাৰ ইতিহাস প্ৰাচীন। সপ্তদশ শতিকাৰ মাজভাগত অসম ভ্ৰমণ কৰা চীন পৰিব্ৰাজক হিউয়ানচাঙে কামৰূপৰজাৰ ৰাজপ্ৰাসাদত ধুনীয়া ধুনীয়া চিত্ৰসমূহ দেখি গৈছিল বুলি উল্লেখ কৰিছে। বাণভট্ট হৰ্ষচৰিতত উল্লেখ আছে বোলে কামৰূপাধিপতি ভাস্কৰ বৰ্মনে কনৌজৰ ৰজা হৰ্ষলৈ নানান উপঢৌকনৰ লগতে চিত্ৰাঙ্কনৰ বাবে নানা ৰং আৰু সা-সঁজুলিও পঠাইছিল। ইয়াৰপৰা এয়ে প্ৰতিপন্ন হয় যে শঙ্কৰদেৱৰ পূৰ্বতে অসমৰ মাটিতে চিত্ৰকলাৰ বীজ ৰোপণ হৈছিল। কিন্তু একাধিকবাৰ ভাৰত ভ্ৰমণ কৰি শ্ৰীমন্ত শঙ্কৰে ভাৰতীয় কৃষ্টিৰ সম্ভাৰেৰে কামৰূপত ধৰ্ম আৰু কলাৰ সাত খলপীয়া সিংহাসন স্থাপন কৰিলে। কামৰূপত প্ৰচলন কৰা শ্ৰীমন্ত শঙ্কৰৰ চিত্ৰকলাই সত্ৰীয়া চিত্ৰকলা বা শঙ্কৰী চিত্ৰকলা নামে জনাজাত হ'ল। সত্ৰীয়া চিত্ৰকলাৰ নিদৰ্শন শংকৰদেৱে চিহ্নযাত্ৰা ভাওনা পাতিবলৈ তুলাপাতত সাত বৈকুণ্ঠৰ পট নিজে আঁকিছিল বুলি চৰিতপুথিত উল্লেখ আছে। এই চিত্ৰৰ চানেকি বিচাৰি পাবলৈ উপায় নাই। সত্ৰীয়া চিত্ৰকলাৰ বিষয়ে পুৰণি সচিত্ৰ পুথিকেইখনৰপৰা জানিব পাৰি। তেনে কেইখনমান সচিত্ৰ পুথি হ'ল চিত্ৰভাগৱত (দশমস্কন্ধ), লৱ-কুশৰ যুদ্ধ, দঙ্গী-ৰাজবংশাৱলী, বনমালীদেৱৰ চৰিত, কুমাৰ হৰণ, শঙ্খচূড় বধ, গীতগোবিন্দ, ৰামায়ণ (সুন্দকাণ্ড আৰু লঙ্কা কাণ্ড), কল্কী পুৰাণ, আনন্দ লহৰী, হস্তীবিদ্যাৰ্ণৱ, ধৰ্মপুৰাণ, মহাভাৰত (ৰামসৰস্বতী বিৰচিত), কৈলাস পৰ্ব, মদ্ভাগৱত (একাদশ স্কন্ধ), অজামিল উপাখ্যান, সমুদ্ৰ মন্থন, নাম-ঘোষা, আহোম-জ্যোতি ইত্যাদি। সত্ৰীয়া চিত্ৰকলাৰ শৈলী, ৰং ব্যৱহাৰৰ কৌশল সচিত্ৰসমূহ পুথিসমূহ কিছুমান সাঁচিপাতত আৰু কিছুমান তুলাপাতত অঁকা। শিৱসাগৰত দেখা নাম-ঘোষা আৰু আহোম জ্যোতিষ নামৰ পুথি দুখনৰ চিত্ৰসমূহ মুগা কাপোৰৰ ওপৰত অঁকা। পুৰণি পদ্ধতিৰে চিত্ৰবোৰত হেঙুল, হাইতাল,নীল, কাজল, শিলিখা ৰস আৰু ধল বা খৰিমাটি ব্যৱহাৰ কৰিছিল। অসমীয়া সত্ৰীয়া চিত্ৰবোৰৰ ৰং ব্যৱহাৰত এটা সৰলতা পৰিলক্ষিত হয়। চিত্ৰবোৰৰ পাৰ্বতীৰ ৰং সাধাৰণতে ৰঙা, নীলা, সচীয়া আৰু ধোঁৱা বৰণেৰে দিয়ে। চিত্ৰৰ পুৰুষ আৰু স্ত্ৰী উভয়ৰে মুখ এফাল দেখাকৈ অঁকা। দুই-এঠাইতহে ইয়াৰ তাৰতম্য পৰিলক্ষিত হয়। চকু, নাক, মুখ আৰু অঙ্গ-প্ৰত্যঙ্গসমূহ শিল্পশাস্ত্ৰৰ নিৰ্দেশমতে অঙ্কিত কৰিবলৈ চেষ্টা কৰিছিল যেন বোধ হয়। ৰাজপুত চিত্ৰৰ আৰ্হিৰে মতা মানুহৰ সাজপাৰ আৰু মূৰৰ পাগীয়া মোগলী ধৰণৰ। তিৰোতা মানুহৰ খোপা আৰু বেণী দুয়োটা দেখা যায়। আকাশ, পানী আৰু ঘাঁহনি একোবখলা ৰঙেৰে অঁকা তাৰ ওপৰত বগা বা কলা ৰেখাৰে গঢ় তোলা থাকে। পশু-পক্ষীবোৰ অতি আন্তৰিকতাৰে চিত্ৰিত কৰা যেন অনুমান হয়। সিংহাসন, শৰাই আদি কিছুমান সম্ভাৰত স্থানীয় প্ৰভাৱ ভালদৰেই চকুত পৰে। সিংহাসনত আৰু অকলশৰীয়াকৈ অঁকা উৰণীয়া সিংহৰ প্ৰাচুৰ্য দেখা যায়। এই উৰণীয়া সিংহৰ চিত্ৰ মঙ্গোলীয় চিত্ৰৰ প্ৰভাৱ বুলি অনুমান হয়। উৰণীয়া সিংহৰ মূৰখত চীন ড্ৰেগনৰ মুখৰ অলপ সাদৃশ্য থকা দেখা যায়। মগৰতো তেনে লক্ষণ বিদ্যমান। শিৱসাগৰত দেখা সমুদ্ৰ মন্থন’ নামৰ সচিত্ৰ পুথিখনত এটি উট ছবি দেখা গৈছে। সত্ৰীয়া চিত্ৰত চিত্ৰ এটা মন কৰিবলগীয়া কথা। এতিয়ালৈকে পোৱাৰ ভিতৰত, নগাঁৱৰ বালীসত্ৰৰ সচিত্ৰ ভাগৱত (দশম স্কন্ধ)খনেই অতি পুৰণি। এই পুথিৰ সঙ্কলন কাল ১৫৩৯ খৃষ্টাব্দ বুলি নিৰ্ধাৰিত হৈছে। এই পুথিৰ চিত্ৰসমূহ বাজপুত কলাৰ আগতীয়া চিত্ৰসমূহৰ লগত কিছু সাদৃশ্য আছে। পণ্ডিতসকলৰ দুই-একৰ মতে অষ্টম শতাব্দীৰ ভাৰতীয় চিত্ৰৰ কেতবোৰ লক্ষণো ইয়াত বিদ্যমান। চিত্ৰকলাৰ বিষয় পুথিসমূহৰ প্ৰায়বোৰ চিত্ৰ বৈষ্ণৱ সাহিত্যৰ আখ্যানমূলক। শ্ৰীকৃষ্ণ আৰু শ্ৰীৰামচন্দ্ৰৰ বিষয়-বস্তু লৈ চিত্ৰবোৰ অঁকা হৈছিল। কিন্তু ‘আনন্দ লহৰী' নামৰ পুথিখনৰ চিত্ৰবোৰ শাক্ত সাহিত্যৰ কাহিনীমূলক। ভোলানাথ দ্বজ প্ৰণীত ‘মহাভাৰতৰ শৈল পৰ্বত’খন লতাকটা পুথি। এইখন পুথিৰ পাতে পাতে নানা ধৰণৰ ফুল-পাতৰ ছবি। এখিলা পাতৰ চানেকি আন এখিলা পাতৰ লগত নিমিলে। এইবোৰ ফুল-পাতৰ চানেকি কাপোৰৰ ফুল বছাত লগাব পাৰি। হস্তীবিদ্যাৰ্ণৱখন আকৌ গজশাস্ত্ৰ। তাত অনেক বিধ হাতীৰ চিত্ৰ সন্নিৱিষ্ট কৰা হৈছে। চিত্ৰকৰ সচিত্ৰ পুথিবোৰত সাধাৰণতে চিত্ৰকৰৰ নাম-ধাম পাবলৈ নাই। আত্ম-প্ৰকাশতকৈ ৰূপ সৃষ্টি ভাৰতীয় শিল্পীৰ এটা বিশেষত্ব। বহুক্ষেত্ৰত লিখকজনেই চিত্ৰকৰ। সেইবাবেই বোধহয় অসমীয়া খনিকৰে চিত্ৰ অঙ্কন কৰা তুলিলক লিখনী বোলে। নাম বিচাৰি পোৱাৰ ভিতৰত হস্তীবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰকৰ বুলি দিলবৰ আৰু দোচাই নামে দুজন চিত্ৰকৰৰ নাম জনা যায়। পুথিত দিলবৰ খনিকৰে মোগল চৰিত্ৰ আৰু দোচাই খনিকৰে আহোম চৰিত্ৰবোৰ চিত্ৰিত কৰা বুলি কয়। ইয়াৰ বাহিৰে বনমালীদেৱৰ চৰিত আৰু ভাগৱত পুথিৰ চিত্ৰসমূহ যথাক্ৰমে বিজয় খনিকৰ আৰু বোধ লিগিৰা নামৰ দুজন চিত্ৰকৰে অঁকা বুলি জনা যায়। বিস্তৃতি এই সত্ৰীয়া চিত্ৰকলাৰ এলেকা গড়গাঁৱৰপৰা কোচবিহাৰলৈকে বিস্তৃত আছিল। মহাৰাজ ৰুদ্ৰসিংহৰ দিনত সত্ৰীয়া চিত্ৰকলাই চৰম উৎকৰ্ষলাভকৰিছিল। সত্ৰীয়া চিত্ৰকলা সত্ৰৰ বাহিৰতো চৰ্চা হৈছিল। বৰৰজা প্ৰমথেশ্বৰী দেৱীৰ নিৰ্দেশক্ৰমে ‘আনন্দ লহৰীখন চিত্ৰিত হৈছিল। সত্ৰীয়া চিত্ৰকলাৰ ব্যাপকতাৰ ফালৰপৰা আধুনিক দুই-এক সমালোচকে ইয়াক লোক কলা বুলি অভিহিত কৰিব খোজে। তথ্যসূত্ৰ লগতে চাওক অসমৰ চিত্ৰকলাৰ ইতিহাস ভাৰতীয়
42878
https://as.wikipedia.org/wiki/%E0%A6%9B%E0%A6%BE%E0%A6%B2%E0%A6%BE%E0%A6%A4
ছালাত
ইছলাম ধৰ্ম নামায, নামাজ বা ছালাত হ'ল ইছলাম ধৰ্মৰ প্ৰধান উপাসনা কৰ্ম। প্ৰতিদিন ৫ ওয়াক্ত (নিৰ্দিষ্ট নামাজৰ নিৰ্দিষ্ট সময়) নামাজ আদায় কৰা প্ৰত্যেক মুছলিমৰ বাবে আৱশক বা ফৰজ। নামাজ ইছলামৰ পঞ্চস্তম্ভৰ এটা। বা বিশ্বাসৰ পাছত নামাজেই ইছলামৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তম্ভ। নামাজ শব্দটো ফাৰ্চী ভাষা পৰা উদ্ভূত হৈছে আৰু অসমীয়া ভাষাত পৰিগৃহীত এটা শব্দ যিটো আৰৱী ভাষাত ছালাত কোৰআনী আৰৱী: প্ৰতিশব্দ। অসমীয়া ভাষাত 'ছালাত'-ৰ পৰিৱৰ্তে সচৰাচৰ 'নামাজ' শব্দটোৱেই ব্যৱহাৰ কৰা দেখা যায়। ফাৰ্চী, উৰ্দু, হিন্দী, তুৰ্কী, বাংলা আৰু অসমীয়া ভাষাত ইয়াক নামাজ (ফাৰ্চী ভাষাৰ পৰা উদ্ভূত) বুলা হয়। কিন্তু ইয়াৰ মূল আৰৱী নাম ছালাত (একবচন) বা (বহুবচন)। ছালাতৰ আভিধানিক অৰ্থ দুআ, ৰহমত, ক্ষমা প্ৰাৰ্থনা কৰা ইত্যাদি। পাৰিভাষিক অৰ্থ: ‘শ্বৰী'আত নিৰ্দেশিত ক্ৰিয়া-পদ্ধতিৰ মাধ্যমেৰে আল্লাহৰ ওচৰত বান্দাৰ ক্ষমা ভিক্ষা আৰু প্ৰাৰ্থনা নিবেদনৰ শ্ৰেষ্ঠতম ইবাদতক ‘ছালাত’ বুলা হয়, যাক তাকবীৰে তাহৰীমাৰ দ্বাৰা আৰম্ভ হয় আৰু ছালামৰ দ্বাৰা শেষ হয়’। ইতিহাস ছালাতৰ গুৰুত্বপূৰ্ণতা (ফযীলত) মুছলিমসকলৰ পবিত্ৰ গ্ৰন্থ কোৰআন আৰু ছহীহ হাদীছত ছালাতৰ ফযীলতৰ বিষয়ে অসংখ্য বৰ্ণনা আছে, যাৰ মাধ্যমত আল্লাহৰ বান্দাই ছালাতৰ প্ৰতি মনোযোগ দিব পাৰে আৰু শুদ্ধ তথা একাগ্ৰতাৰ সৈতে একনিষ্ঠভাৱে ছালাত আদায় কৰিব পাৰে। দাবী কৰা হয় ছালাতৰ ফযীলত সম্বন্ধে বহুতো মিছা ও বনোৱা কাহিনীৰো প্ৰচলন আছে। সেইবোৰলৈ মন-কাণ নিদি ছালাতৰ ফযীলত সম্পৰ্কত কোৰআন ও ছুন্নাহৰ ওপৰত আমল কৰা জৰুৰী বুলি মুছলিম আলিমসকলে কয়। কোৰআন মজিদৰ ছুৰা “আল-আনকাবূত”ৰ ৪৫ নং আয়াতত আল্লাহে এনেদৰে কৈছে– “(হে নবী) তোমাৰ প্ৰতি যি কিতাব অহী কৰা হয়, তাৰ পৰা তুমি তিলাওৱাৎ কৰা আৰু ছালাত কায়েম কৰা। নিশ্চয় চালাতে অশ্লীল আৰু অসৎ কামৰ পৰা বিৰত ৰাখে, আৰু আল্লাহৰ স্মৰণেই হৈছে সৰ্বশ্ৰেষ্ঠ”। ছুৰা “হূদ”ৰ ১১৪ নং আয়াতত কৈছে– “আৰু তুমি ছালাত প্ৰতিষ্ঠা কৰা, দিনৰ দুয়ো প্ৰান্তভাগত আৰু ৰাতিৰ প্ৰথমাংশত। নিশ্চয় সৎ কৰ্মই অসৎ কৰ্মক দূৰ কৰে, উপদেশ গ্ৰহণকাৰীসকলৰ বাবে এইটো এটা উপদেশ”। হাদিছত এনেদৰে কোৱা হৈছেঃ (১) আবু হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে– পাঁচ ওৱাক্ত ছালাত, এক জুমু‘আৰ পৰা পৰৱৰ্ত্তী জুমু‘আলৈ আৰু এক ৰমজানৰ পৰা পৰৱৰ্ত্তী ৰমজানৰ মাজৰ সময়চোৱাত হোৱা (ছগীৰা) গুনাহৰ কাফফাৰা স্বৰূপ, যদিহে তেওঁ কবিৰা গুনাহসমূহৰ পৰা মুক্ত থাকে। (২) আবু হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত আন এক হাদীছত ৰাছুল্লাল্লাহু চাল্লাল্লাহু আলাইহি অছাল্লামে সুধিলে– “তোমালোকৰ ঘৰৰ সন্মুখেৰে প্ৰৱাহিত নদীত দৈনিক পাঁচবাৰ গোছল কৰিলে তোমালোকৰ শৰীৰত কিবা ময়লা থাকিবনে? তেওঁলোকে উত্তৰ দিলে– নাথাকে, তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে– পাঁচ ওৱাক্ত ছালাতৰ তুলনাও ঠিক অনুৰূপ, ইয়াৰ দ্বাৰা আল্লাহে গুনাহসমূহ দূৰ কৰি দিয়ে। (৩) উক্কবা ইবনু আমিৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছে– “তোমালোকৰ প্ৰভু অত্যন্ত আনন্দিত হয় সেই ভেৰা ৰখীয়াৰ প্ৰতি, সি যেতিয়া পাহাৰৰ ওপৰত আজান দি ছালাত আদায় কৰে। মহান আল্লাহে ফিৰিস্তাসকলক কয়– তোমালোকে দেখিছানে, মোৰ বান্দাই মোক ভয় কৰি আজান দি ছালাত আদায় কৰিছে, মই তাক মাফ কৰি দিছোঁ আৰু সি জান্নাতত প্ৰৱেশ কৰিব। (৪) আবু ক্কাতাদা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে– আল্লাহ তা‘আলাই ঘোষণা কৰিছে যে “নিশ্চয় মই আপোনাৰ উম্মতৰ ওপৰত পাঁচ ওৱাক্ত ছালাত ফৰজ কৰিছোঁ আৰু অংগীকাৰ কৰিছোঁ যে, যি ব্যক্তিয়ে সময়মতে উক্ত পাঁচ ওৱাক্ত ছালাত আদায় কৰি কিয়ামতৰ দিনা উপস্থিত হ’ব, মই তাক জান্নাতত প্ৰৱেশ কৰাম আৰু যি ব্যক্তিয়ে ইয়াৰ সংৰক্ষণ নকৰে তাৰ ওচৰত মোৰ কোনো অংগীকাৰ নাই। ছালাত পৰিত্যাগকাৰীৰ বাবে আছে– কঠোৰ শাস্তি কোৰআনৰ ছুৰা “আত-তাওবাহ”ৰ ১১ নং আয়াতত আল্লাহে কৈছে– “এতেকে সিহঁতে যদি তাওবাহ কৰে, ছালাত কায়েম কৰে আৰু জাকাত আদায় দিয়ে, তেন্তে সিহঁত তোমালোকৰ দ্বীনি ভাই”। ছুৰা “আল-মুদ্দাচ্ছিৰ”ৰ ৪০-৪৩ নং আয়াতত কৈছে– “জান্নাতত তেওঁলোকে ইজনে সিজনক সুধিব, অপৰাধীসকলৰ বিষয়ে, কিহে তোমালোকক ‘ছাক্কাৰ’ নামৰ জাহান্নামত নিক্ষেপ কৰিছে? সিহঁতে কব– আমি ছালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলোঁ। হাদিছত আছে, (১) ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে– যি ব্যক্তিয়ে মুছলিম হিচাবে আল্লাহৰ সৈতে সাক্ষাৎ কৰি আনন্দিত হ’ব বিচাৰে, তেওঁ যেন পাঁচ ওৱাক্ত ছালাত যথাযথভাৱে আদায় কৰে, য’তেই আজান দিয়ে। (২) কোনো এক ব্যক্তিৰ সৈতে মুশ্বৰিক বা অবিশ্বাসী লোকৰ পাৰ্থক্য হ’ল ছালাত পৰিত্যাগ কৰা। (৩)‘আব্দুল্লাহ ইবনু চাক্কীক্ক উকায়লি ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছাহাবীসকলে ছালাতৰ বাহিৰে অন্য আমলসমূহৰ ভিতৰত কোনো এটা আমল এৰি দিয়া কাৰ্য্যক কুফুৰী বুলি কোৱা নাছিল। (৪)‘আব্দুল্লাহ ইবনু বুৰায়দা ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁৰ পিতাকৰ পৰা বৰ্ণনা কৰিছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে– “আমাৰ আৰু সিহঁতৰ (অবিশ্বাসী, মুশ্বৰিক আৰু মুনাফিক) মাজত যি অংগীকাৰ, সেয়া হ’ল ছালাত, গতিকে যি ব্যক্তিয়ে ছালাত এৰি দিলে সি কুফুৰী কৰিলে। গতিকেই মুছলিম আলিমসকলে কয় যে, যি ব্যক্তিয়ে ছালাত ত্যাগ কৰে তেওঁ নিঃসন্দেহে কুফুৰী কৰিলে, অলসতা বা অৱহেলাত ছালাত আদায় নকৰিলে জাহান্নামত যাব লাগিব আৰু শাস্তি ভোগ কৰাৰ পিছত আল্লাহৰ দয়াত কলিমা ত্বৈয়্যিবাৰ বৰকতত মুক্তি পাই জান্নাতত প্ৰৱেশ কৰিব। কিন্তু ইচ্ছাকৃতভাৱে ছালাত এৰি দিলে বা অস্বীকাৰ কৰিলে, ইছলামৰ পৰা বাহিৰ হৈ যাব আৰু জাহান্নামত চিৰস্থায়ীভাৱে থাকিব লাগিব। ছালাতৰ (সময়) ওৱাক্তসমূহ ই মুছলিমসকলৰ প্ৰাৰ্থনাৰ সময়। দিনে পাঁচবাৰকৈ কৰা প্ৰাৰ্থনাৰ সময় বেলেগ বেলেগ। সময় হোৱাৰ লগে লগেই আজানৰ দ্বাৰা প্ৰাৰ্থনা(ছালাত)ৰ বাবে মাতা হয়। ছালাতৰ সময়ৰ গুৰুত্বাৰোপ কৰি আল্লাহ তা‘আলাই কৈছে- “নিশ্চয় নিৰ্ধাৰিত সময়ত ছালাত আদায় কৰা মু‘মিনসকলৰ বাবে জৰুৰী কৰ্তব্য। ৰাছুলুল্লাহ মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু চাহাবায়ে কিৰামে নিৰ্দ্দিষ্ট সময়ত ছালাত আদায় কৰিছিল। নিৰ্দ্দিষ্ট সময়ত অৰ্থাৎ আওৱাল ওৱাক্তত ছালাত আদায় কৰাৰ গুৰুত্ব বহুত বেছি। উম্মু ফাৰওৱা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সোধা হ’ল– আমলসমূহৰ ভিতৰত কোন আমল সৰ্বাধিক উত্তম? উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে– আওৱাল ওৱাক্তত ছালাত আদায় কৰা। দেখা যায়, আওৱাল ওৱাক্তত ছালাত আদায় কৰাৰ গুৰুত্ব জাম‘আতৰ সৈতে ছালাত আদায় কৰাতকৈও বেছি। ‘আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে- ‘‘ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ জীৱনত মাত্ৰ দু’বাৰৰ বাহিৰে কেতিয়াও ছালাত শেষ ওৱাক্তত পঢ়া নাই। এইকাৰণে তেওঁ ‘আলী ৰাদ্বিয়াল্লাহু আনহুক লক্ষ্য কৰি কৈছিল উপদেশ দিছিল, হাদিছত এনেদৰে বৰ্ণনা হৈছে- ‘‘হে ‘আলী ৩টা কামত কেতিয়াও পলম নকৰিবা। তাৰ মাজত ১টা হ’ল যেতিয়াই ছালাতৰ সময় হ’ব, তেতিয়াই ছালাত আদায় কৰা। ক) ফজৰৰ ছালাতৰ সময়ঃ চুবহ ছাদিকৰ পিছতে ফজৰৰ ওৱাক্ত আৰম্ভ হয় আৰু সূৰ্য্যোদয়ৰ আগলৈকে থাকে। গতিকে সমস্যাজনিত কাৰণত সূৰ্য্যোদয়ৰ পূৰ্বে ফজৰৰ ছালাত আদায় কৰিব পাৰি। আওৱাল ওৱাক্তত ছালাত আদায় কৰা উত্তম বাবে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে খুব পুৱাতে উঠি ফজৰৰ ছালাত আদায় কৰিছিল। পূব আকাশ মুকলি হ’লেহে ফজৰৰ ছালাতৰ সময় আৰম্ভ হোৱাৰ বিষয়ে কোনো দলীল নাই। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ ছালাত আদায় কৰাৰ সময় সম্বন্ধে তলত উল্লিখিত হাদীছত পোৱা যায়- “আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ ছালাত আদায় কৰাৰ পিছত মহিলাসকলে চাদৰ মেৰিয়াই নিজ নিজ ঘৰলৈ উভতি গৈছিল, কিন্তু ধূসৰ অন্ধকাৰৰ কাৰণে তেওঁলোকক চিনিব পৰা নগৈছিল। আন এক হাদীছত ‘আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই বৰ্ণনা কৰিছে, “মুমিন মহিলাসকলে চাদৰেৰে আবৃত হৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ফজৰৰ ছালাতত উপস্থিত হৈছিল আৰু ছালাত শেষ হোৱাৰ পিছত ঘৰলৈ উভতি গৈছিল, কিন্তু ধূসৰ অন্ধকাৰৰ বাবে তেওঁলোকক কোনেও চিনি পোৱা নাছিল। আন এক বৰ্ণনাত কৈছে– “ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ ছালাত এনে সময়ত পঢ়িছিল যেতিয়া ওচৰত বহা লোকক চিনিব পৰা নগৈছিল আৰু ৬০ ৰ পৰা ১০০ আয়াত তিলাৱত কৰিছিল। গতিকেই ইয়াৰ ওপৰত ভিত্তি কৰি কোৱা হয় যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ত ফজৰৰ ছালাত অন্ধকাৰত আৰম্ভ হৈছিল আৰু আন্ধাৰ হৈ থকা অৱস্থাতে শেষ হৈছিল, যাৰ বাবে জাম‘আতত ছালাত আদায় কৰা মহিলাসকলক ছালাত শেষ হোৱাৰ পিছত ঘৰলৈ উভতি যাওঁতে কোনেও চিনি পোৱা নাছিল। খ) জোহৰৰ ছালাতৰ সময়ঃ সূৰ্য্য পশ্চিম আকাশৰ পিনে ঢাল খোৱাৰ লগে লগে জোহৰৰ ছালাতৰ সময় আৰম্ভ হয় আৰু কোনো বস্তুৰ ছাঁ তাৰ সমপৰিমাণ হ’লে শেষ হয়। এই সংক্ৰান্তত ‘আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “জোহৰৰ ছালাতৰ সময় হ’ল– সূৰ্য্য ঢাল খোৱাৰ পৰা কোনো ব্যক্তিৰ ছাঁ তাৰ সমপৰিমাণ হোৱা পৰ্যন্ত অৰ্থাৎ ‘আছৰৰ সময় হোৱালৈকে। আলিমসকলৰ মত যে আওৱাল ওৱাক্তত ছালাত আদায় কৰা জৰুৰী যদিও গ্ৰীষ্ম কালত জোহৰৰ ছালাত কিছু পলমকৈ আদায় কৰিব পাৰি। আবু ছাঈদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে– ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “তোমালোকে জোহৰক ঠাণ্ডা কৰা, কাৰণ গৰমৰ প্ৰকোপ জাহান্নামৰ তাপ। গ) ‘আছৰৰ ছালাতৰ সময়ঃ কোনো বস্তুৰ ছাঁ যেতিয়া সেই বস্তুৰ সমপৰিমাণ হ’ব তেতিয়া ‘আছৰৰ ছালাতৰ সময় আৰম্ভ হ’ব। আৰু যেতিয়া ছাঁ দ্বিগুণ হ’ব তেতিয়া শেষ হ’ব, অৱশ্যে কোনো সমস্যাজনিত কাৰণত সূৰ্য্যাস্তৰ আগত এক ৰাক‘আত পঢ়িব পাৰিলে ‘আছৰৰ ছালাত আদায় হৈ যাব, তেনেকৈ সূৰ্য্যোদয়ৰ আগত এক ৰাক‘আত পঢ়িব পাৰিলে ফজৰৰ ছালাত আদায় হৈ যাব। বাকী ৰাক'আত সমূহো পূৰা কৰি ল'ব। আনাচ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ‘আছৰৰ ছালাত পঢ়িছিল সূৰ্য্য যেতিয়া উজ্জ্বল অৱস্থাত ওপৰত আছিল, তাৰ পিছত কোনো লোকে মদিনাৰ পৰা চাৰি মাইল বা সম-দূৰত্বত অৱস্থিত স্থানৰ পৰা ঘূৰি আহিব পাৰিছিল। ঘ) মাগৰিবৰ ছালাতৰ সময়ঃ সূৰ্য্য অস্ত যোৱাৰ লগে লগে মাগৰিবৰ ছালাতৰ সময় আৰম্ভ হয় আৰু পশ্চিম আকাশত সূৰ্য্যৰ ৰঙচুৱা আৱৰণ নাইকিয়া হোৱাৰ লগে লগে শেষ হয়। ঙ) ইশ্বাৰ ছালাতৰ সময়ঃ মাগৰিবৰ ছালাতৰ সময় শেষ হোৱাৰ পিছতে ইশ্বাৰ ছালাতৰ সময় আৰম্ভ হয় আৰু মাজনিশালৈকে থাকে। সমস্যাজনিত কাৰণত ফজৰৰ আগলৈকে পঢ়িব পাৰি, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ইশ্বাৰ ছালাত পলমকৈ পঢ়াতো উত্তম হিচাবে বিবেচনা কৰিছিল। ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “জীব্ৰীল আলাইহি অছাল্লামে কা’বাৰ কাষত দুদিন অৱস্থান কৰি প্ৰতি ওৱাক্ত ছালাত দুবাৰকৈ পঢ়ি ছালাতৰ আওৱাল আৰু আখেৰী ওৱাক্তৰ বিষয়ে জনাই দিছিল। তেওঁ ইমামতি কৰি এবাৰ জোহৰ পঢ়ালে সূৰ্য্য ঢাল খোৱাৰ লগে লগে, ‘আছৰ পঢ়াইছিল যেতিয়া প্ৰত্যেক বস্তুৰ ছাঁ তাৰ সমান হৈছিল, মাগৰিব পঢ়াইছিল ৰোজাদাৰে ইফতাৰ কৰা সময়ত, ইশ্বা পঢ়াইছিল বেলি ডুব যোৱাৰ পিছত পশ্চিম আকাশত ৰঙচুৱা আৱৰণ নাইকিয়া হোৱাৰ সময়ত আৰু ফজৰ পঢ়াইছিল ৰোজাদাৰে খাদ্য খোৱা হাৰাম হোৱাৰ সময়ত অৰ্থাৎ ছাহাৰীৰ সময়ৰ পিছত। পিছদিনাখন জোহৰ পঢ়াইছিল যেতিয়া প্ৰত্যেক বস্তুৰ ছাঁ তাৰ সমান হৈছিল, ‘আছৰ পঢ়াইছিল যেতিয়া প্ৰত্যেক বস্তুৰ ছাঁ দুগুণ হৈছিল, মাগৰিব পঢ়াইছিল ৰোজা ৰখা ব্যক্তিয়ে ইফতাৰ কৰা সময়ত, ইশ্বা পঢ়াইছিল নিশা এক-তৃতীয়াংশ পূৰ্ণ হোৱা সময়ত আৰু ফজৰ পঢ়াইছিল আকাশ মুকলি হোৱা সময়ত। তাৰ পিছত তেওঁ মোক লক্ষ্য কৰি কৈছিল– হে মুহাম্মাদ! (চাল্লাল্লাহু আলাইহি অছাল্লাম), এয়া আপোনাৰ পূৰ্বৰ নবীসকলৰ সময়, এই দুই সময়ৰ মাজৰ খিনিয়ে ছালাতৰ সময়”। ওপৰোক্ত হাদীছবোৰৰ পৰাই আলিসকলে কয় যে, জীব্ৰীল আলাইহি অছাল্লামে পাঁচ+পাঁচ মুঠ দহ ওৱাক্ত ছালাতত ইমামতি কৰি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰতি ওৱাক্ত ছালাতৰ আওৱাল আৰু আখেৰী সময়ৰ বিষয়ে জনাই দিছে। আওৱাল ওৱাক্তত ছালাত আদায় কৰাৰ গুৰুত্ব অধিক, আনকি জাম‘আতত ছালাত আদায় কৰাতকৈও অধিক প্ৰাধান্য দিয়া হৈছে। পৱিত্ৰতা অৰ্জন ছালাত(নামাজ)ৰ নিয়ম ছালাত(নামাজ)ৰ ওয়াক্ত আৰু ৰাকাত বিশেষ ছালাত(নামাজ)
5060
https://as.wikipedia.org/wiki/%E0%A6%AB%E0%A6%BE%E0%A6%9F%20%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A7%81
ফাট বিহু
ফাট বিহু ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ হঘূলি চাপৰিত অনুষ্ঠিত হোৱা বিহু। পূৰ্বতে ব'হাগৰ সাতবিহু যোৱাৰ পিছত ঢকুৱাখনাৰ (পূৰ্বতে হাবুং) হাৰ্হি দেৱালয়ত কেইবাটাও জনগোষ্ঠীয় লোকে একেলগ হৈ এই বিহু মাৰিছিল। বৰ্তমান ফাট বিহু ব'হাগ মাহৰ শেষৰটো শুক্ৰ, শনি আৰু দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। নামৰ উৎপত্তি ফাট শব্দটোৰ উৎপত্তিৰ বিষয়ে বিভিন্ন লোকৰ বিভিন্ন মত আছে। জনা যায় যে ২০ শতিকাৰ শেষ ভাগৰ লৈকে ফাট বিহু ঢকুৱাখনাৰ হাৰ্হি দেৱালয়ত পালন কৰা হৈছিল। দেৱালয়ৰ ওচৰৰ লোক সকলৰ মতে সেই দেৱালয়টো শদিয়াৰ পৰা ফাটি অহা লোক কিছুমানে ঢকুৱাখনা লৈ আহি স্থাপন কৰিছিল। শদিয়াৰ পৰা ফাটি অহা এই বিহুকে ফাট বিহু বোলা হয়। ওচৰৰ বিভিন্ন জনগোষ্ঠীৰ লোকে নিজৰ নিজ গাঁৱত বিহু শেষ কৰি ৭ বহাগৰ দিনাখন হাৰ্হি দেৱালয়ত ফাট বিহু মাৰিছিল। পাছলৈ এই বিহু মহঘূলি চাপৰিত পতা হৈছিল। আন কিছু লোকৰ মতে আকৌ ফাট শব্দটো তাই ভাষাৰ শব্দ হয়, যাৰ অৰ্থ হৈছে "নৈ বা গভীৰ পানী থকা ঠাইৰ দাঁতিত বেহা-বেপাৰ, কৰ-কাটল সংগ্ৰহ আদি কামৰ বাবে সমবেত হোৱা ঠাই। অৱশ্যে এই বিষয়ে বুৰঞ্জীত একো উল্লেখ পোৱা নাযায়। যিহেতু ফাট বিহু মহঘূলি চাপৰিত ২০ শতিকাৰ শেষ ভাগত হে পাতিবলৈ লোৱা হৈছিল, গতিকে এই মত গ্ৰহণযোগ্য নহয়। অৱস্থিতি ঢকুৱাখনা মহকুমা বৰ্তমান লখিমপুৰ জিলাৰ অন্তৰ্গত যদিও ১৯৮৯ চনলৈকে ধেমাজি মহকুমাৰ অন্তৰ্গত এটা বিস্তৃত অঞ্চল আছিল। সামগ্ৰিকভাৱে ঢকুৱাখনা বুলি ক'লে ২৭.২৬ উত্তৰ অক্ষাংশ আৰু ৯৪.২৪ পূৱ দ্ৰাঘিমাংশৰ পৰা ৯৮.৪২ পূৱ দ্ৰাঘিমাংশৰ অন্তৰ্গত ভৌগোলিক এলেকাৰ ভূখণ্ডক নিৰ্দেশ কৰে। ঢকুৱাখনাৰ মাটিকালি ৬৫৯ বৰ্গকিলোমিটাৰ। ঢকুৱাখনা অঞ্চলটোক ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ প্ৰধান উপনৈ সোৱণশিৰিয়ে আৱৰি আছে। বৰ্তমান ঢকুৱাখনা নগৰৰ দাঁতিয়েদি বৈ যোৱা চাৰিকড়ীয়া নৈৰ পাৰতে অনুষ্ঠিত হয় ফাট বিহু। ঔপন্যাসিক হোমেন বৰগোহাঞিয়ে তেখেতৰ ‘গৰখীয়া’ শীৰ্ষক গল্পটোত ফাট বিহু তলিৰ নামটো ম'হঘূলি চাপৰি হিচাপে নামকৰণ কৰিছিল। তেখেতে চাৰিকড়ীয়া নৈৰ উত্তৰ দিশত থকা বৰ্তমান চাৰিকড়ীয়া নৈৰ পকা দলংখনৰ পশ্চিমৰ এটি অৰণ্যময় চাপৰিৰ নাম ম'হ ঘূলি চাপৰি বুলি উল্লেখ কৰিছিল। ১৯৯৬ চনৰ পৰা চাৰিকড়ীয়া নৈৰ পাৰৰ ম'হঘূলি চাপৰিৰ শিশু গছৰ বাগিছাৰ মাজত স্থায়ীভাৱে মঞ্চ সাজি ফাট বিহু অনুষ্ঠিত হৈ আহিছে। ফাট বিহুৰ উৎপত্তি ব্যাখ্যা ক্ষেত্ৰভিত্তিক অধ্যয়নৰ পৰা জনা যায় যে ফাট বিহু ১৬ শতিকাৰ পৰাই হাৰ্হি দেৱালয়ত উৎযাপন কৰি অহা হৈছিল। ধাৰ্মিক বিশ্বাস জড়িত থকা বাবে ওচৰৰ বিভিন্ন জনগোষ্ঠীৰ দল আহি হাৰ্হি দেৱালয়ৰ বাকৰিত বিহু নাচ প্ৰদৰ্শন কৰিছিল। বহাগৰ বিহুৰ হুঁচৰি গাওঁ বোৰত শেষ কৰি ওচৰৰ গঞা ৰাইজে ৭ বহাগৰ দিনা দেৱালয়ত আহি বিহু মাৰিছিল। ১৯৮০ৰ দশত কিছু লোকে মিলি পৃথক ভাবে "ফাট বিহু" নামকৰণ কৰি খেলপথাৰত পাতিব লৈছিল। সময়ত বিহুৰ দলসমূহে লাহে লাহে দেৱালয়ৰ পৰা আঁতৰি সেই খেলপথাৰত প্ৰদৰ্শন কৰিব ধৰিলে। আজিৰ দিনত হাৰ্হি দেৱালয়ত "ফাট বিহু" উৎযাদন কৰে যদিও আগৰ দৰে বিভিন্ন দলে হুঁচৰি মাৰিবলৈ অহা দেখা নাযায়। ২০১৩ চনৰ পাছত মিচিং জনগোষ্ঠীৰ দলবোৰেও হুঁচৰি মাৰিবলৈ এৰি দিছিল। বৰ্তমান কেৱল ওচৰৰ চুতীয়া জনগোষ্ঠীৰ লোকসকলেহে তাত হুঁচৰি মৰা দেখা যায়। আনপিনে হঘূলি চাপৰিত আৰম্ভ কৰা নতুন "ফাট বিহু" অসম বিখ্যাত হৈ পৰিল। ঢকুৱাখনাৰ ফাট বিহুৰ বৈশিষ্ট্য আৰু ঐতিহাসিক দৃষ্টিকোণৰ ওপৰত ভিত্তি কৰি ফাট বিহুৰ উৎপত্তি বাখ্য সন্দৰ্ভত বিভিন্নজনে বিভিন্ন মত আগবঢ়াইছে- বিশিষ্ট বিহু গৱেষক ভৰত সন্দিকৈৰ মতে, বৰ্তমান ঢকুৱাখনালৈ দৃষ্টি নিক্ষেপ কৰিলে সহজে অনুমান কৰিব পাৰি যে অতীততে চাৰিকড়ীয়া নৈৰ পাৰত, য’ত ফাট বিহু অনুষ্ঠিত হৈছিল; তাত জনবসতি বিশেষ নাছিল। গাওঁবোৰ কিছু দুৰত আছিল। ধান-মাহৰ খেতি পথাৰৰ লগতে ছন পৰি থকা চাপৰিবোৰত থকা গছৰ তলত আৰু মুকলি পথাৰত বিহু মাৰিবলৈ বহু দুৰ-দুৰণীৰ পৰা ডেকা-গাভৰুৰ দল আহিছিল। ভাগ ভাগ হৈ বিহু মাৰিছিল শত শত বিহুদলে। কোনোও কালৈকো চাবলৈ সময়েই নাই। শত সহস্ৰ ঢোল-তাল, পেঁপা-গগনাৰ মাতত আৰু বিহুনামৰ ধ্বনিত মুখৰিত হৈ পৰিছিল আকাশ আৰু চাৰিকড়ীয়া নৈৰ দুয়োপাৰ। সময় উৰি গৈছিল কিন্তু তাৰ প্ৰতি কোৰো ভ্ৰক্ষেপ নাছিল। লানি নিছিগা দৰ্শকৰ ভীৰত গোটেই অঞ্চলটোত বিৰ দি বাট পাবলৈ নোহোৱা হৈছিল। বিহুৰ এনে অনুপম আকৰ্ষণ বা জনপ্ৰিয়তাৰ কাৰণ হ’ল- মানুহৰ আদিম প্ৰবৃত্তি ৰক্ষা আৰু বংশবৃদ্ধিৰ আকাংক্ষা নিবিড়ভাৱে জড়িত হৈ থকা। বিহুগীতসমূহ নাৰীদেহৰ ইন্দ্ৰিয়গ্ৰাহ্য আৰু ইন্দ্ৰিয়ভোগ্যৰ ৰূপৰ বৰ্ণনাৰে ভৰপূৰ নাৰী দেহৰ বন্দনাৰ এটি মাধ্যম। বুজন সংখ্যক বিহুগীত ৰচনা হৈছিল আদিম সমাজত অবাধ যৌন সম্পৰ্কৰ প্ৰচলন থকা কালতেই। ড॰ চন্দ্ৰধৰ চমুৱাই ফাট বিহু সম্পৰ্কীয় এখন আলেখ্যত প্ৰকাশ কৰি ফাট বিহুৰ সম্পৰ্কত কৈছে যে, “লুইতপৰীয়া মিছিং ডেকা গাভৰুসকলে ৰং বিৰংৰ পোচাকেৰে ফাট বিহুলৈ ভাগি-ভুঁহৰি আহিছিল বুলি প্ৰকাশ কৰি কৈছে যে, দিনৰ ভাগত বাটৰ কাষত কিম্বা বৰচাপৰি-ম’হঘূলি চাপৰিৰ গছৰ তলত এই বিহু কৰিছিল। পশ্চিমীয়া, বিশেষকৈ বঙ্গীয় সংস্কৃতিৰ প্ৰভাৱত আঢ্যৱন্ত বা সম্ভ্ৰান্ত পৰিয়ালৰ জ্যেষ্ঠ লোকে বিহুৰ নৃত্য গীতক অৱজ্ঞাৰ চকুৰে চাইছিল। সেয়েহে ৰাতি বিহুলৈ ডেকা গাভৰু ওলাই যোৱাটোক বিহু জুপিবলৈ যোৱা বুলি কোৱা হৈছিল। পিছে অনুন্নত সম্প্ৰদায়ৰ ডেকা-গাভৰুৰ মাজত আছিল বিহুৰ প্ৰকৃত প্ৰাণ-প্ৰাচুৰ্য আৰু ঢকুৱাখনাৰ ফাট বিহুৰ প্ৰাণকেন্দ্ৰই আছিল চুতীয়া আৰু মিচিং সম্প্ৰদায়ৰ লোক”। সু-সাহিত্যক তথা সাংবাদিক হোমেন বৰগোহাঞিয়ে এই সম্পৰ্কত লিখিছে যে- “ফাট বিহু ঢকুৱাখনাৰ এটা নিজস্ব উৎসৱ। ঢকুৱাখনাৰ চাৰিওফালে অসংখ্য মিচিং গাওঁ আছে। প্ৰতি বছৰে ব’হাগ বিহুৰ সময়ত বিহু বলীয়া মিচিং ডেকা গাভৰুৱে দল বান্ধি ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰত বিহু মাৰিবলৈ আহে। এই বিহু চাবলৈ গাওঁ ভুঁই ভাঁহি ভুহৰি আহি হাজাৰ হাজাৰ মানুহ ঢকুৱাখনাত জমা হয়। ঠাইখন লোকে লোকাৰণ্য হয়। সাতদিন সাতৰাতি এই বিহু চলে। কেৱল যে মিচিংসকলেই এই বিহু উৎসৱত অংশ লয় এনে নহয়, ঢকুৱাখনাৰ আহোম, চুতীয়া, কৈৱৰ্ত্ত্য আদি সকলো সম্প্ৰদায়ৰ মানুহেই আনন্দৰ এই বলিয়া বানত নিজক উটুৱাই দিয়ে”। ক্ৰমবিকাশ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ পৰা গম পোৱা যায় যে ফাট বিহু ১৬ শতিকাৰ পৰাই হাৰ্হি দেৱালয়ত পতা হৈছিল। শদিয়াৰ পৰা কিছু লোকে ঢকুৱাখনা লৈ আহি হাৰ্হি দেৱালয় স্থাপন কৰিছিল আৰু বহাগৰ প্ৰথম সপ্তাহত থানত বলি দি বিহু উৎযাপন কৰিছিল। ধৰ্মীয় ৰীতি-নীতিৰ মতে এই বিহু পালন কৰা হৈছিল বাবে ওচৰৰ সকলো জনগোষ্ঠীৰ লোকে আগভাগ লৈছিল। দেৱালয়ৰ সেই ফাট বিহু ১৯১৮ চনত স্তব্ধ হৈ পৰিছিল। ইয়াৰ প্ৰামাণিক কাৰণ হ'ল- প্ৰথম বিশ্ব যুদ্ধৰ যেতিয়া অৱসান ঘটিল, তেতিয়া সেই যুদ্ধত ইংৰাজ হাৰিল বুলি এটা উৰাবাতৰি ওলাল। তেতিয়া ঢকুৱাখনাৰ আশে পাশে থকা মিচিং সম্প্ৰদায়ৰ মাজত এটা জনৰৱ উঠিল যে তেওঁলোক স্বাধীন হ'ল। সেয়ে মোহন গাম নামৰ এজন মিচিং প্ৰতাপী লোকৰ নেতৃত্বত ঢকুৱাখনা অঞ্চলত থকা মাৰোৱাৰী দোকানবোৰত লুটপাত আৰম্ভ কৰি দিলে। এই লুটপাতৰ ফলত ফাট বিহু স্তব্ধ হৈ পৰিছিল যদিও পাছলৈ আকৌ আৰম্ভ কৰা হৈছিল। আজিও সেই দেৱালয়ত আগৰ দৰে ৭ বহাগত ফাট বিহ পতা হয়। ১৯৮৬ চনত এচাম লোকে ঢকুৱাখনাৰ চৰকাৰী মজলীয়া বিদ্যালয়ৰ খেলপথাৰত গছৰ ডাল ৰুই "ফাট বিহু" বুলি নামকৰণ কৰি নতুনকৈ বিহু পাতিব লৈছিল। ১৯৮৯ৰ পৰা ১৯৯২ চনৰ লৈকে ঢকুৱাখনা কলেজৰ বিপৰীতে থকা মূগা ফাৰ্মত এই বিহু পাতিছিল। তাৰ পৰা আকৌ চৰকাৰী খেল পথাৰলৈ লৈ অনা হৈছিল। পৰৱৰ্তী সময়ত ১৯৯৬ চনৰ পৰা চাৰিকড়ীয়া নৈৰ পাৰৰ মনোমোহা মহঘূলি চাপৰিৰ শিশু গছৰ বাগিছাৰ মাজত স্থায়ীভাৱে মঞ্চ সাজি ফাট বিহু অনুষ্ঠিত হৈ আহিছে। বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা ব’হাগ বিহুতকৈ ঢকুৱাখনাৰ ফাট বিহু যিকেইটা দিশত বৈচিত্ৰ্যময় সেই দিশকেইটাৰ অন্যতম হ’ল ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, ঠাই-ঐতিহ্য, বৈশিষ্ট্যপূৰ্ণ বিহুনাচ, মন-পৰশা সুৰত বিহুনাম আৰু জাতনাম, হুঁচৰি, পোছাক-পৰিচ্ছদ, বিভিন্ন জনগোষ্ঠীৰ অংশ গ্ৰহণ আদি। তথ্যসূত্ৰ বিহু
33294
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%AC%20%E0%A6%AC%E0%A6%BF%E0%A6%AC%E0%A6%BF%20%E0%A6%94%E0%A7%B0%20%E0%A6%97%E0%A7%81%E0%A6%B2%E0%A6%BE%E0%A6%AE
চাহিব বিবি ঔৰ গুলাম
চাহিব বিবি ঔৰ গুলাম ১৯৬২ চনত মুক্তিপ্ৰাপ্ত, আব্ৰাৰ আলভি পৰিচালিত আৰু গুৰু দত্ত প্ৰযোজিত এখন ক'লা-বগা হিন্দী বোলছবি। বিমল মিত্ৰৰ বঙালী উপন্যাস 'চাহেব বিবি গোলাম'ৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। ঊনবিংশ শতিকাৰ বংগৰ পতনমুখী জমিদাৰী প্ৰথাৰ এখন দলিল-স্বৰূপ 'চাহিব বিবি ঔৰ গোলাম'ত এজন জমিদাৰৰ (চাহেব) নিসংগ সুন্দৰী পত্নীৰ (বিবি) আৰু দুখ-যন্ত্ৰণা আৰু তেওঁৰ প্ৰতি এটা সেন্দূৰ কাৰখানাত কাম কৰা এজন সাধাৰণ যুৱকৰ (গোলাম) অন্তৰত গঢ় লৈ উঠা যৌনতাবিহীন অনুৰাগৰ কাহিনী বৰ্ণিত হৈছে। ছবিৰ সঙ্গীত ৰচনা কৰিছে হেমন্ত কুমাৰে, গীত ৰচনা কৰিছে চাকিল বাদাউনিয়ে আৰু চিত্ৰ-গ্ৰহণ কৰিছে ভি কে মূৰ্তিয়ে। অভিনয় কৰিছে গুৰু দত্ত, মীনা কুমাৰী, ৰেহমান, ৱাহীদা ৰহমান আৰু নাচিৰ হুছেইনে। ছবিখনে সমালোচকৰ উচ্চ প্ৰশংসা পোৱাৰ লগতে বাণিজ্যিক সফলতাও লাভ কৰিছিল। ইয়াত সৰু বোৱাৰীৰ (চোটী বহু) ৰূপত মীনা কুমাৰীয়ে কৰা অভিনয় হিন্দী ছবি জগতৰ অন্যতম শ্ৰেষ্ঠ অভিনয় প্ৰদৰ্শন বুলি গণ্য কৰা হয়। ই শ্ৰেষ্ঠ ছবিৰ ফিল্মফেয়াৰ বঁটাকে ধৰি চাৰিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ই ত্ৰয়োদশ বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত গোল্ডন বিয়েৰ বঁটাৰ বাবে মনোনয়ন পোৱাৰ উপৰিও অস্কাৰ বঁটাৰ বিদেশী ভাষাৰ ছবি শিতানত প্ৰতিদ্বন্দ্বতা কৰিবলৈ ভাৰতৰ আনুষ্ঠানিক প্ৰৱিষ্টিত স্থান পাইছিল৷ ইণ্ডিয়া টাইম মুভিজে অৱশ্যেই চাবলগীয়া শীৰ্ষৰ ২৫খন বলিউডৰ ছবিৰ তালিকাত চাহিব বিবি ঔৰ গুলামক অন্তৰ্ভুক্ত কৰিছে। কাহিনী এজন শিক্ষিত ডেকা ভূতনাথ কামৰ সন্ধানত ঔপনিবেশিত কলকাতাত পদাৰ্পন কৰে। তেওঁ সুবিনয় বাবুৰ মোহিনী সেন্দূৰ কাৰখানাত এটা কামৰ যোগাৰ কৰে। ঘটনাক্ৰমে ভূতনাথৰ জমিদাৰ চৌধুৰী পৰিয়ালৰ সৰু বোৱাৰীৰ (চোটী বহু) (মীনা কুমাৰী) সৈতে সংযোগ ঘটে। জমিদাৰ পৰিয়ালটোৰ তিনিজন ভাতৃৰ ডাঙৰজন ইতিমধ্যে ঢুকাইছে। চোটী বহু সৰু ভাতৃ চোটে চৰকাৰ বা চোটে বাবুৰ পত্নী। চোটে চৰকাৰে প্ৰতি নিশাই কটায় সুৰা আৰু বাঈজীৰ সৈতে। কাৰণ সুন্দৰী হলেও পত্নীৰ সংগই বিলাস-বৈভৱত গা উটুৱাই দিয়া জমিদাৰসকলক ৰোমাঞ্চিত কৰিব নোৱাৰে। স্বামীৰ সংগ বিচাৰি ব্যাকুল হোৱা চোটী বহুৱে ভূতনাথক এটেমা মোহিনী সেন্দূৰ আনি দিবলৈ অনুৰোধ জনায়, কিজানি মোহিনী সেন্দূৰৰ মাহাত্ম্যই স্বামীক তেওঁৰ ওচৰলৈ ওভতাই আনেই। কিন্তু মোহিনী সেন্দূৰে চোটে চৰকাৰক সু-পথলৈ ঘূৰাই আনিব নোৱাৰিলে। স্বামীৰ মন পাবলৈ চোটী বহুৱে সুৰা পান কৰিবলৈ ললে। এইবাৰ যেনিবা কেইদিনমানৰ বাবে চোটে চৰকাৰ ঘৰতে আবদ্ধ হৈ থাকিল। ভূতনাথ চোটী বহুৰ সৌন্দৰ্য আৰু বিষণ্ণতাত মুগ্ধ হয় আৰু তেওঁৰ ভাল বন্ধু হৈ পৰে। এদিন বজাৰত এটা বোমা বিস্ফোৰণ হয় আৰু তাৰ পিছত ব্ৰিটিছ সেনা আৰু স্বধীনতা সংগ্ৰামীৰ মাজত হোৱা গুলীয়াগুলীত ভূতনাথ আহত হয়। জবাই তেওঁক শুশ্ৰূষা কৰি আৰোগ্য কৰে। ভূতনাথে স্থাপত্যবিদৰ চাকৰি এটা পাই কলকাতাৰপৰা গুচি যায়। মদ্যপানৰ সংগীত পৰিণত হোৱাৰ পিছতহে চোটী বহুৱে গিৰিয়েকৰ সান্নিধ্য লাভ কৰে। কিছু বছৰৰ পিছত কলকাতালৈ ঘূৰি আহি ভূতনাথে দেখে যে সুবিনয় বাবুৰ মৃত্যু ঘটিছে; আনহাতে তেওঁ আৰু জবাৰ শৈশৱতে বিয়া ঠিক হৈ আছিল। তেওঁ হাৱেলীলৈ গৈ তাৰ জৰাজীৰ্ণ ৰূপ দেখি আচৰিত হয়। তেতিয়ালৈ চোটী বহু এগৰাকী দুৰ্ঘোৰ মদাহী আৰু গিৰিয়েক পক্ষাঘাত ৰোগী। চোটী বহুৱে গিৰিয়েকৰ বাবে প্ৰাথনা কৰিবলৈ মন্দিৰ এটালৈ ভূতনাথক লগ ধৰে। তেওঁলোকৰ কথা-বতৰা মাজু জমিদাৰে শুনা পায় আৰু চৌধুৰী পৰিয়ালৰ বাহিৰৰ মানুহৰ লগত হলি-গলি কৰাৰ বাবে চোটী বহুক শাস্তি দিবলৈ আদেশ কৰে। ভূতনাথ আৰু চোটী বহু ঘোঁৰাগাড়ীত গৈ থাকোঁতে তেওঁলোকক বাটতে ৰখোৱা হয়। ভূতনাথক মূৰত আঘাত কৰা হয় আৰু বহুক অপহৰণ কৰা হয়। ভূতনাথে সংজ্ঞা ঘূৰাই পাওঁতে তেওঁক কোৱা হয় যে চোটী বহুক বিচাৰি পোৱা হোৱা নাই আৰু সৰু জমিদাৰৰ মৃত্যু ঘটিছে। ইয়াতে ফ্লাছবেকৰ অন্ত পৰে। ভূতনাথৰ কৰ্মীসকলে তেওঁক জনায় যে হাৱেলীৰ ভগ্নাৱশেষৰ মাজত মানুহৰ জঁকা এটা পুতি থোৱা অৱস্থাত পোৱা গৈছে। জঁকাটোত থকা গহণাৰপৰা ভূতনাথে সেইটো চোটী বহুৰ বুলি চিনাক্ত কৰে। অন্তিম দৃশ্যত নষ্টালজিক ভূতনাথক তেওঁৰ পত্নী জবাৰ সৈতে বাগীত গৈ থকা দেখুওৱা হয়। উপন্যাসখনত এই দৃশ্যটো ছবিখনতকৈ বেলেগ; তাত জবা আৰু ভূতনাথৰ সুখী সমাপ্তি দেখুওৱা হোৱা নাই। অভিনয় সঙ্গীত চাহিব বিবি ঔৰ গুলামৰ সঙ্গীত ৰচনা কৰিছে হেমন্ত কুমাৰে আৰু গীত লিখিছে চাকিল বাদাউনিয়ে। ছবিৰ গীতসমূহ সঁহাৰি ছবিখনে বাণিজ্যিক সফলতা লাভ কৰাৰ উপৰিও সমালোচকৰ বিশেষ গুৰুত্ব পাবলৈ সক্ষম হৈছিল। ২৪ জুন, ১৯৬২ সংখ্যাৰ 'দ্য টাইমচ অৱ ইণ্ডিয়া'ত 'চাহেব বিবি ঔৰ গুলাম' সম্পৰ্কত লিখিছিল- আপাৰষ্টল কমে মন্তব্য কৰে, "চাহেব বিবি ঔৰ গোলাম এখন ৰোমাণ্টিক আৰু হেৰোৱা দিনৰ নষ্টালজিক কাহিনী। বোলছবিখন অপূৰ্ব আৰু পৰিৱেশ ৰচনা, সংলাপ, চিনেমাট'গ্ৰাফী, গানৰ দৃশ্যগ্ৰহণ, সুন্দৰ অভিনয়েৰে ই এক বিষণ্ণ চাপ এৰি যায়। মীনা কুমাৰীৰ অভিনয়কো প্ৰশংসা কৰা হয়: "যদিও আটাইকেইজন অভিনেতাৰে অভিনয় সুন্দৰ, মীনা কুমাৰী এই ছবিখনৰ আত্মাস্বৰূপ। চোটী বহুৰ ৰূপত তেওঁৰ অভিনয় বোধহয় ভাৰতীয় চিনেমাত সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শন। ছে ইয়াক "অৱশ্যেই চাবলগীয়া ২৫খন বলিউডৰ চলচ্চিত্ৰ"ত অন্তৰ্ভুক্ত কৰি কয় যে "কেৱল মীনা কুমাৰীৰ অনবদ্য প্ৰদৰ্শনৰ জোৰতে ছবিখন আপোনাৰ মনত চিৰকাল থাকি যাব। বঁটা আৰু মনোনয়ন ১৯৬২: দশম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১৯৬২) হিন্দী ভাষাৰ শ্ৰেষ্ঠ কাহিনী ছবিৰ বাবে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক। ১৯৬৩: ত্ৰয়োদশ বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ গোল্ডেন বিয়েৰ বঁটাৰ বাবে মনোনয়ন। ১৯৬২: অস্কাৰ বঁটাৰ বিদেশী ভাষাৰ ছবি শিতানত প্ৰতিদ্বন্দ্ব্বিতা কৰিবলৈ ভাৰতৰ আধিকাৰিক প্ৰৱিষ্টিত স্থান লাভ। শ্ৰেষ্ঠ ছবিৰ ফিল্মফেয়াৰ বঁটা- গুৰু দত্ত শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা- আব্ৰাৰ আলভি শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰীৰ ফিল্মফেয়াৰ বঁটা- ভি কে মূৰ্তি শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা- মীনা কুমাৰী শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন- গুৰু দত্ত শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন- ৰেহমান শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন- ৱাহীদা ৰহমান শ্ৰেষ্ঠ কাহিনীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন-বিমল মিত্ৰ বেঙ্গল ফিল্ম জাৰ্ণেলিষ্টচ্ এৱাৰ্ড- বছৰটোৰ ছবি। পৰিচালনা সম্পৰ্কীয় বিতৰ্ক গুৰু দত্তৰ অনুভৱ আৰু শৈলীৰ বহিৰ্প্ৰকাশ ঘটা 'চাহিব বিবি ঔৰ গুলাম'ৰ পৰিচালনা কাৰ আছিল, সেই সম্পৰ্কে দীৰ্ঘদিন ধৰি বিতৰ্ক তলি আছে। তেওঁ ছবিখনৰ পৰিচালক নাছিল বুলি ভাবিবলৈ কঠিন হয়। আলভিয়ে শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল আৰু গুৰু দত্তই কেতিয়াও আলভিৰ ভূমিকাক অস্বীকাৰ কৰা নাছিল। আলভিয়ে প্ৰকাশ কৰিছিল যে ছবিখনৰ গীতকেইটা দত্তই পৰিচালনা কৰিছিল যদিও বাকী অংশ পৰিচালনা কৰা নাছিল। ছবিৰ সম্পাদক ৱাই জি চৌহানে কৈছিল যে সম্পাদনাৰ মেজত আলভিহে তেওঁৰ সৈতে বহিছিল। "আব্ৰাৰে ছবিখনৰ বাবে যথেষ্ট কষ্ট কৰিছিল, কিন্তু তেওঁ কেতিয়াও ইয়াৰ স্বীকৃতি পোৱা নাছিল। ৰাইজে কয়, ছবিখন গুৰু দত্তই প্ৰযোজনা কৰিছিল, এতেকে ই গুৰু দত্তৰ ছবি। 'চাহিব বিবি ঔৰ গুলাম'ৰ এগৰাকী সহযোগী অভিনেত্ৰী ৱাহীদা ৰহমানেও নিশ্চিত কৰি গৈছে যে দত্তই নহয়, আলভিয়েহে ছবিখনৰ পৰিচালনা কৰিছিল। তথ্য উৎস বাহ্যিক সংযোগ হিন্দী চলচ্চিত্ৰ শ্ৰেষ্ঠ হিন্দী ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
74504
https://as.wikipedia.org/wiki/%E0%A6%86%E0%A6%B2-%E0%A6%86%E0%A7%B0%E0%A6%AB
আল-আৰফ
আল-আৰফ উচ্চতা) হৈছে কোৰআনৰ সপ্তম অধ্যায় (ছূৰা), যাৰ ২০৬টা শ্লোক (আয়াত) আছে। প্ৰকাশৰ সময় আৰু প্ৰাসংগিক পৃষ্ঠভূমিৰ সন্দৰ্ভত (আছবাব আল-নুজুল), ই হৈছে "মক্কান ছূৰা", যাৰ অৰ্থ হৈছে ইয়াক মক্কাত প্ৰকাশ কৰা হৈছিল বুলি বিশ্বাস কৰা হয়। এই অধ্যায়টোৱে ইয়াৰ নাম ৪৬-৪৭ আয়াতৰ পৰা লৈছে, য'ত আৰফ শব্দটো ওলায়। আবুল আ'লা মাউদুদৰ মতে, ইয়াৰ প্ৰকাশৰ সময় আল-আন'আমৰ দৰেএকে, অৰ্থাৎ, মক্কাত ইছলামী নবী মুহাম্মাদৰ বাসগৃহৰ অন্তিম বছৰ: ইয়াৰ উপদেশৰ ধৰণে স্পষ্টভাৱে সূচায় যে ই একে সময়ৰ আৰু দুয়োৰে একে ঐতিহাসিক পৃষ্ঠভূমি আছে; অৱশ্যে, এই দুয়োটাৰ কোনটো আনজনৰ আগত উন্মোচিত কৰা হৈছিল সেয়া নিশ্চিতভাৱে ঘোষণা কৰিব নোৱাৰি। দৰ্শকে আল-আন'আমৰ পৰিচয় মনত ৰাখিব লাগে। সাৰাংশ ১-২ মুহাম্মাদ কোৰআনৰ ওপৰত সন্দেহ নকৰিব ৩ লোকসকলে ইয়াত বিশ্বাস কৰিবলৈ অনুৰোধ কৰিছিল ৪-৫ তেওঁলোকৰ অবিশ্বাসৰ বাবে বহুতো চহৰ ধ্বংস কৰা হৈছে ৬-৯ নবী আৰু তেওঁলোকৰ শুনা ব্যক্তিসকলে বিচাৰ-দিনত ১০ কাফিৰসকলৰ অকৃতজ্ঞতা ১১ আদমৰ সৃষ্টি ১১-১২ চয়তানে আদমৰ ওচৰত ছিচদাহ নকৰি আল্লাৰ আজ্ঞা পালন কৰিবলৈ অস্বীকাৰ কৰে ১৩ তেওঁক পৰমদেশৰ পৰা বিতাড়িত কৰা হয় ১৪-১৫ পুনৰুত্থানলৈকে তেওঁক অৱকাশ দিয়া হয় ১৬-১৭ তেওঁ মানুহক প্ৰবঞ্চনা কৰাৰ উদ্দেশ্যৰ প্ৰতিজ্ঞা কৰে ১৮ আল্লহই চয়তান আৰু তেওঁৰ ভুক্তভোগীসকলক ভাবুকি দিয়ে ১৯-২৪ আদম আৰু হাৱাৰ পতন ২৫-২৬ তেওঁলোকক স্বৰ্গৰ পৰা বহিষ্কাৰ কৰা হয় ২৭-২৯ অশালীন ৰীতি-নীতিক গৰিহণা দিয়া হৈছে ৩০-৩১ ঈশ্বৰক প্ৰাৰ্থনাত বিচাৰিব লাগিব ৩২-৩৪ প্ৰকৃত উপাসকসকলে শালীনতাৰে পোছাক পিন্ধিব লাগিব ৩৫ প্ৰত্যেক জাতিৰ জীৱনৰ এক নিৰ্দিষ্ট ম্যাদ আছে ৩৬-৪২ যিসকলে ঈশ্বৰৰ পাঁচনিসকলক প্ৰত্যাখ্যান কৰে তেওঁলোকৰ ধ্বংস ৪৩-৪৫ প্ৰকৃত বিশ্বাসীসকলৰ আশীৰ্ব্বাদপূৰ্ণ পুৰস্কাৰ ৪৫-৪৬ কাফেৰসকলৰ ওপৰত ঈশ্বৰৰ অভিশাপ ৪৭-৫০ আৰফ আৰু ইয়াৰ অধিবাসীসকলৰ আৱৰণ ৫২-৫২ ঈশ্বৰৰ পাঁচনিসকলৰ প্ৰত্যাখ্যানকাৰীসকলক পাহৰি যাব লাগিব ৫৩-৫৪ মুহাম্মাদক প্ৰত্যাখ্যান কৰাৰ বিৰুদ্ধে এক সতৰ্কবাণী ৫৫-৫৯ পৃথিৱীৰ সৃষ্টিকৰ্তা আৰু প্ৰভুক সেৱা কৰিব লাগিব ৬০-৬৫ নূহে তেওঁৰ লোকসকলৰ দ্বাৰা প্ৰত্যাখ্যান কৰিলে- তেওঁলোকৰ ভাগ্য ৬৬-৭৩ দ্বাৰা প্ৰত্যাখ্যান কৰা হৈছিল- তেওঁলোকৰ ভাগ্য ৭৪-৮০ দ্বাৰা প্ৰত্যাখ্যান কৰা হৈছিল তেওঁলোকৰ ধ্বংস ৮১-৮৫ লট প্ৰত্যাখ্যান কৰা হৈছিল আৰু চডোমাইটসকল ধ্বংস হৈছিল ৮৬-৯৪ চুয়াইবক মাদিয়ানসকলে প্ৰত্যাখ্যান কৰে, আৰু তেওঁলোকৰ ধ্বংস ৯৫-৯৬ মক্কাত অবিশ্বাসীসকলে প্ৰতিকূলতা বা সমৃদ্ধিৰ দ্বাৰা প্ৰভাৱিত নহয় ৯৭-১০১ সেই চহৰবোৰৰ ভয়ানক ভৱিষ্যত যিসকলে ঈশ্বৰৰ পাঁচনিসকলক প্ৰত্যাখ্যান কৰিছিল আৰু তেওঁলোকক অভঙ্গীৰে আৰোপ কৰিছিল ১০২-১০৩ তেওঁলোকক প্ৰত্যাখ্যান কৰা হৈছে ১০৪-১০৫ মোচিক ফাৰো আৰু তেওঁৰ ৰাজকুমাৰৰ ওচৰলৈ পঠোৱা হয় ১০৬-১০৮ সৰ্প আৰু কুষ্ঠ হাতৰ অলৌকিকতা ১০৯-১১৫ ইজিপ্তৰ যাদুকৰসকলে ফোন কৰিছিল ১১৬-১২০ মোচি আৰু যাদুকৰসকলৰ মাজত অলৌকিক ঘটনাৰ দ্বাৰা প্ৰতিযোগিতা ১২১-১২৩ কেইবাজনো যাদুকৰ মোচিলৈ ৰূপান্তৰিত হৈছিল ১২৪-১২৭ ফাৰোৰ খং তেওঁলোকৰ বিৰুদ্ধে আক্ৰমণ কৰিলে ১২৮ ফাৰো আৰু তেওঁৰ ৰাজকুমাৰসকলে মুছা আৰু তেওঁৰ লোকসকলক অত্যাচাৰ কৰে ১২৯-১৩০ মুছায়ে তেওঁৰ লোকসকলক ঈশ্বৰৰ ওপৰত ধৈৰ্য্যশীল বিশ্বাস কৰিবলৈ অনুৰোধ কৰে ১৩১-১৩২ ফাৰোক অনুতাপকৰিবলৈ প্ৰতিকূলতা আৰু সমৃদ্ধি একেধৰণে লাভজনক নহয় ১৩৩-১৩৪ ইজিপ্তৰ অবিশ্বাসীসকলে পীড়িত ১৩৫ মিচৰীয়সকলৰ ভণ্ডামি ১৩৬ সেইবোৰ লোহিত সাগৰত ধ্বংস কৰা হয় ১৩৭ মুছাৰ লোকসকলে জয়লাভ কৰে আৰু পূব আৰু পশ্চিম ভূমিৰ অধিকাৰী হয় ১৩৮-১৪১ ইজৰাইলৰ সন্তানসকল মূৰ্তিপূৰ্ণ হৈ পৰে ১৪২ মুছায়ে হাৰোণক তেওঁৰ উপ-কৰ্মচাৰী কৰে আৰু চল্লিশ দিন উপবাস কৰে ১৪৩ তেওঁ ঈশ্বৰৰ মহিমা চাবলৈ বিচাৰে, কিন্তু তেওঁৰ খৰখেদাত অনুতপ্ত হয় ১৪৪-১৪৫ ঈশ্বৰে মুছাক দুখন মেজৰ ওপৰত নিয়ম প্ৰদান কৰে ১৪৬-১৪৭ অবিশ্বাসীসকলে তেওঁলোকৰ ভৱিষ্যতবক্তাসকলক ভণ্ড বুলি কোৱাৰ ভাবুকি দিছিল ১৪৮ মুছাৰ লোকসকলে সোণালী পোৱালীৰ পূজা কৰে ১৪৯ তেওঁলোকে তেওঁলোকৰ পাপঅনুতপ্ত কৰে ১৫০ মুছায়ে ক্ৰোধত হাৰোণক আক্ৰমণ কৰে ১৫১ তেওঁ নিজৰ আৰু হাৰোণৰ বাবে ক্ষমা বিচাৰি প্ৰাৰ্থনা কৰে ১৫২ তেওঁ আইডোলেটাৰৰ ওপৰত প্ৰতিশোধ ল'বলৈ আহ্বান জনায় ১৫৩ বিশ্বাসীসকলৰ প্ৰতি দয়ালু ঈশ্বৰ ১৫৪ মুছাৰ ক্ৰোধক সন্তুষ্ট কৰা হৈছে ১৫৫ তেওঁ সত্তৰজন জ্যেষ্ঠক বাছনি কৰে ১৫৫-১৫৬ মুছায়ে বজ্ৰপাতৰ দ্বাৰা ধ্বংসৰ পৰা মুক্তি পাবলৈ প্ৰাৰ্থনা কৰে ১৫৬-১৫৯ মুছায়ে ভৱিষ্যতবাণী কৰা নিৰক্ষৰ নবী ১৬০ কিছুমান ইহুদীসঠিকভাৱে নিৰ্দেশিত ১৬১ ইজৰাইলসকলে বাৰটা জনজাতিত বিভক্ত ১৬১ শিলৰ আঘাত, আৰু মান্না আৰু কোৱেল দিয়া হৈছে ১৬২-১৬৩ হিট্টাটুন বুলি চহৰত প্ৰৱেশ কৰাৰ আদেশ আৰু অবাধ্যসকলৰ ভাগ্য ১৬৪-১৬৭ চাবাথ-ব্ৰেকাৰবোৰ বানৰলৈ পৰিৱৰ্তিত হৈছিল ১৬৮-১৬৯ ৰাষ্ট্ৰসমূহৰ মাজত ইহুদীসকলৰ বিচ্ছুৰণ ১৭০-১৭১ তেওঁলোকৰ কিছুমান উত্তৰাধিকাৰীয়ে মুছাৰ নিয়মৰ প্ৰতি বিশ্বাসী ১৭২ আল্লহই ইজৰাইলসকলৰ ওপৰত চিনাই পৰ্বত কঁপাই তুলিলে ১৭৩- ১৭৫ আদমৰ সন্তানৰ সৈতে ঈশ্বৰে কৰা চুক্তি ১৭৬-১৭৯ বালামৰ অভিশাপ কাফিৰসকলৰ বাবে সতৰ্কবাণী ১৮০ নৰকৰ বাবে সৃষ্টি কৰা বহুতো জেনি আৰু পুৰুষ ১৮১-১৮২ ঈশ্বৰৰ নাম প্ৰহসন কৰিব নালাগে ১৮৩-১৮৪ ঈশ্বৰে কাফিৰসকলক ধ্বংসৰ দিশে লৈ যোৱাৰ পদ্ধতি ১৮৫ মুহাম্মাদ চয়তানৰ অধিকাৰী নহয় ১৮৬ প্ৰত্যাখ্যানৰ বাবে কোনো আশা নাই ১৮৭ "অন্তিম ঘণ্টা" হঠাতে আহি থকা ১৮৮ মুহাম্মাদ নো ছিৰ, কেৱল এজন প্ৰচাৰক ১৮৯-১৯০ আদম আৰু হাৱা মূৰ্তিপূজাৰ বাবে দোষী আছিল ১৯১-১৯৮ মূৰ্তিপূজাৰ মূৰ্খতা ১৯৯ মুহাম্মাদক মডাৰেচন ব্যৱহাৰ কৰিবলৈ আদেশ দিয়া হৈছিল ২০০-২০১ তেওঁ ঈশ্বৰৰ নাম ব্যৱহাৰ কৰি চয়তানক প্ৰতিহত কৰিব। ২০২ মক্কাৰ লোকসকল অশুদ্ধ ২০৩ তেওঁলোকে মুহাম্মাদক অভঙ্গীৰে অভিযুক্ত কৰে ২০৪ ২০৬ কোৰআন নীৰৱতা আৰু পবিত্ৰ ধ্যানত শুনিব লাগিব বিষয়বস্তু যদিও এই ছূৰাৰ বিষয়বস্তুৰ শীৰ্ষকক "ঈশ্বৰীয় বাৰ্তাৰ নিমন্ত্ৰণ" বুলি সংক্ষিপ্ত কৰিব পাৰি, তথাপিও অন্তৰ্নিহিত বিষয়বস্তু আৰু সেইবোৰৰ আন্তঃসংযোগ বুজিবলৈ আৰু কিছু বৰ্ণনা ৰখা প্ৰয়োজন। সমলসমূহ এই অধ্যায়ত আদম আৰু হাৱা, নোহ, লট, হুদ, চালেহ, চুয়াইব, মোচি আৰু হাৰোণক বুজাইছে। এই ছূৰাত গুৰুত্বপূৰ্ণ বিষয়, ঐশ্বৰিক নিয়ম আৰু নিৰ্দেশনাৰ বিন্দুবোৰ নিম্নলিখিত ধৰণৰ কিতাপখনৰ লোকসকলক (ইহুদী আৰু খ্ৰীষ্টানসকলক) মুছলমান হোৱাৰ বাবে শুভেচ্ছা জনোৱা হয়। অবিশ্বাসীসকলক তেওঁলোকৰ ৰাছুলৰ প্ৰতি তেওঁলোকৰ আধাৰৰ বাহিৰৰ মানসিকতাৰ বাবে পূৰ্বৱৰ্তী ৰাষ্ট্ৰসমূহৰ ওপৰত হোৱা শাস্তিৰ ঘটনাৰ বিষয়ে উল্লেখ কৰি তেওঁলোকৰ অস্বীকাৰৰ ফলাফলৰ বিষয়ে এক উপদেশ দিয়া হয়। ইহুদীসকলক ভৱিষ্যত বক্তাসকলৰ প্ৰতি তেওঁলোকৰ প্ৰতাৰণামূলক নেতৃত্বৰ ফলাফলৰ বিষয়ে সতৰ্ক কৰা হৈছে। ইছলামৰ বাৰ্তাটো চতুৰতাৰে প্ৰসাৰিত কৰাৰ উপদেশ। ৰছুলসকলক যিসকল ব্যক্তিলৈ প্ৰেৰণ কৰা হয় তেওঁলোকক বিচাৰৰ দিনা সম্বোধন কৰা হ'ব। বিশ্বাসীসকলক উপদেশ দিয়ক যে তেওঁলোকে সন্মানীয় আৰু উপযুক্ত পোছাক পিন্ধিব লাগে আৰু বিশুদ্ধ আৰু ভাল খাদ্য খাব লাগে। স্বৰ্গদেউৰ বাসিন্দা, নৰকৰ বন্দী আৰু আ'ৰাফৰ ব্যক্তিসকলৰ মাজত কথোপকথন (স্বৰ্গ আৰু নৰকৰ জুইৰ মাজৰ স্থান)। বিলাসিতা আৰু অসুবিধা হৈছে আল্লাৰ ইউমিণ্ডাৰসকল। মুহাম্মাদ হৈছে মানৱজাতিৰ সম্পূৰ্ণৰূপে ৰছুল। মুহাম্মাদৰ আগমন টোৰাহ আৰু সুসমাচাৰ (বাইবেল)ত দেখুওৱা হৈছিল। ইহুদীসকলে আল্লাৰ সৃষ্টিৰ বিষয়ে এটা ভুল বিশ্বাস গঢ়ি তুলিছে। আদমৰ সৃষ্টিৰ সময়ত আল্লাৰ বিষয়ে মানৱজাতিৰ ঘোষণা। আল্লাই একক আত্মাৰ পৰা সকলো মানৱজাতি তৈয়াৰ কৰিছিল। আল্লাৰ ক্ষমা প্ৰদৰ্শন, ন্যায়ৰ বাবে কথা কোৱা আৰু অজ্ঞসকলৰ পৰা আঁতৰি থকাৰ আদেশ। সম্পূৰ্ণ নিৰৱতাৰে কোৰআনৰ আবৃত্তিৰ সৈতে টিউন কৰাৰ বিষয়ে আল্লাৰ আদেশ। থীম এই ছূৰাৰ মুখ্য বিষয় হৈছে মুহাম্মাদলৈ প্ৰেৰণ কৰা ঐশ্বৰিক বাৰ্তাৰ আমন্ত্ৰণ। বাৰ্তাবাহক হিচপে ১৩ বছৰ ধৰি মক্কাৰ ব্যক্তিসকলক উপদেশ দি আহিছিল। তথাপিও তেওঁলোকৰ ওপৰত কোনো গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰা নাছিল, কিয়নো তেওঁলোকে ইচ্ছাকৃতভাৱে তেওঁৰ বাৰ্তাটো উপেক্ষা কৰিছিল। আৰু ইমানেই বিৰোধী হৈ পৰিছিল যে আল্লাহই মুহাম্মাদক তেওঁলোকক অৱজ্ঞা কৰিবলৈ আৰু আনৰ ওচৰলৈ যাবলৈ আদেশ দিবলৈ গৈ আছিল। সেইকাৰণে তেওঁলোকক বাৰ্তাটো স্বীকাৰ কৰিবলৈ পুনৰ প্ৰমাণিত কৰা হৈছে আৰু তেওঁলোকৰ আধাৰৰ বাহিৰৰ আচৰণৰ ফলাফলৰ বিষয়ে এক উপদেশ দিয়া হৈছে। যিহেতু মুহাম্মাদে মক্কাৰ পৰা আল্লাহৰ আদেশ টো স্থানান্তৰ কৰিবলৈ গৈ আছিল, এই ছূৰাৰ সমাপ্তিৰ অংশটোৱে কিতাপখনৰ লোকসকলক সম্বোধন কৰে যাৰ সৈতে তেওঁ আল-মদিনাত সংস্পৰ্শলৈ আহিবলৈ গৈ আছিল। ইহুদীসকলক দিয়া আয়াতত, ভৱিষ্যতবক্তাসকলৰ প্ৰতি তেওঁলোকৰ প্ৰতাৰণামূলক মানসিকতাৰ পৰিণামবোৰো একেদৰে স্পষ্টভাৱে উত্থাপন কৰা হৈছে। যিহেতু তেওঁলোকে মুছা (মোচি)ৰ ওপৰত বিশ্বাস ৰাখিবলৈ ঘোষণা কৰিছিল তথাপিও তেওঁলোকৰ অভ্যাস তেওঁৰ শিক্ষাৰ বিপৰীতে আছিল। তেওঁলোকে তেওঁক অস্বীকাৰ কৰিছিল আৰু লগতে নিশ্চিতভাৱে মুছাক উপাসনা কৰিছিল। ছূৰাৰ সমাপ্তিৰ দিশত, মুহাম্মাদ আৰু তেওঁৰ অনুগামীসকলক তেওঁলোকৰ প্ৰতিদ্বন্দীসকলৰ উস্কানিৰ উত্তৰত সহনশীলতা দেখুৱাবলৈ আৰু ধৈৰ্য্য ধৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। যিহেতু ভক্তসকলে চাপ আৰু চাপ অনুভৱ কৰি আছিল, তেওঁলোকক সতৰ্ক হ'বলৈ আৰু তেওঁলোকৰ কাৰণত আঘাত কৰিব পৰা কোনো পদক্ষেপ নল'বলৈ উৎসাহিত কৰা হয়। এক্সেজেচিছ ইছলামত ৮০-৮৪ লট আয়াত ৭:৮০-৮৪ পদত লট কাহিনীৰ সৈতে সম্পৰ্কিত যাক এখন চহৰলৈ পঠোৱা হৈছিল, যে, কোৰআনৰ বৰ্ণনা অনুসৰি, সীমালংঘনকাৰীসকলৰ আছিল। স্বৰ্গদূতসকলে লট আৰু তেওঁৰ ছোৱালীসকলক সুৰক্ষা দিবলৈ নামি আহে আৰু শিলৰ বৰষুণৰ ফলত চহৰখন ধ্বংস হয়। লটৰ পত্নীও ধ্বংস হয়। লটক এনে লোকৰ এটা গোটলৈ প্ৰেৰণ কৰা হৈছিল যিয়ে অভূতপূৰ্ব পৰিমাণৰ অনৈতিকতা কৰিছিল। তেওঁলোকৰ মাজৰ পুৰুষসকলে মহিলাৰ পৰিৱৰ্তে আকাংক্ষাৰে আন পুৰুষৰ ওচৰলৈ গৈছিল; আৰু এনেদৰে তেওঁলোকে ঈশ্বৰৰ সীমা অতিক্ৰম কৰিছিল। পয়গম্বৰ লটে তেওঁলোকৰ ওপৰত কৰা অভিযোগ শুনি তেওঁৰ লোকসকলে ইয়াৰ বাহিৰে কোনো উত্তৰ দিয়া নাছিল: "তেওঁলোকক আপোনাৰ চহৰৰ পৰা বিতাড়িত কৰক: এইসকল সঁচাকৈয়ে পৰিষ্কাৰ আৰু শুদ্ধ হ'ব বিচাৰে!" (বিবৃতিটোৰ দ্বিতীয় অংশটো সম্ভৱতঃ এক প্ৰকাৰৰ শ্লেষ আছিল)। অৱশেষত, আল্লাহই পয়গম্বৰ লট আৰু তেওঁৰ পৰিয়ালক তেওঁৰ পত্নীৰ বাহিৰে ৰক্ষা কৰিছিল যি দুষ্টসকলৰ মাজত আছিল আৰু আল্লাই লোকসকলক তেওঁলোকৰ ওপৰত শিলৰ বৰষুণ প্ৰেৰণ কৰি শাস্তি দিছিল। ১০৩-১৫৬ মুছা বৰ্ণনাটোৱে মুছা ইতিহাসৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ১৪২ সোণালী পোৱালি কোৰআন ৭:১৪২ ত বৰ্ণনা কৰা সোণালী পোৱালীৰ ঘটনাই হাৰোণৰ ওপৰত এক ইতিবাচক পোহৰ পেলাইছে। কোৰাণত কোৱা হৈছে যে মোচি (মুছা)ৰ চিনাই পৰ্বতত থকাৰ সময়ত হাৰোণক ইজৰাইলৰ নেতৃত্ব অৰ্পণ কৰা হৈছিল চল্লিশ দিনৰ বাবে। কোৰআন ১৯:৫০ লগতে কয় যে হাৰোণে সোণালী পোৱালীৰ উপাসনা বন্ধ কৰিবলৈ যথাসাধ্য চেষ্টা কৰিছিল। কাহিনীটোৰ পৰৱৰ্তী অংশবোৰ বিচাৰি উলিয়াব লাগিব কোৰআন ৭:১৫০. কাহিনীটো আগৰ এটা অধ্যায়ত সমাপ্ত হয়, কোৰআন ৫:২৫. ১৫৭ মুহাম্মাদৰ আগমন ৭: ১৫৭ আয়াতত প্ৰকাশ পাইছে যে মুহাম্মাদ (ছাঃ)ৰ আগমনৰ বিষয়ে ভৱিষ্যতবাণী ইহুদী আইন আৰু শুভবাৰ্ত্তাত উপস্থিত আছিল। ২০৬ প্ৰষ্ট্ৰেচন ২০৬ আয়াতৰ এই অন্তিম পদটোৰ বাবে এটা সজ্জা বা প্ৰণামৰ প্ৰয়োজন। তদুপৰি, যিসকল স্বৰ্গদূত মোৰ প্ৰভুৰ সৈতে আছে তেওঁলোকে গৌৰৱেৰে তেওঁৰ সেৱাক ঘৃণা নকৰে, কিন্তু তেওঁলোকে তেওঁৰ প্ৰশংসা উদযাপন কৰে আৰু তেওঁক উপাসনা কৰে। গেলেৰী চাওক আল আৰাফ এডগাৰ এলান পোৰ দ্বাৰা ইয়াৰ ওপৰত আধাৰিত এটা কবিতা লিম্বো পাৰ্গেটৰী প্ৰসংগসমূহ বাহ্যিক সংযোগসমূহ কোৰআন ৭ কোৰআনৰ পৰিষ্কাৰ অনুবাদ ছূৰা আল-আৰফ 3 আল-কোৰআনৰ ছূৰাসমূহ ছূৰা মক্কান ছূৰা ইছলাম ধৰ্ম
77853
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%BE%E0%A6%93%E0%A6%AE%E0%A6%BF%20%E0%A6%85%27%E0%A6%9B%E0%A6%BE%E0%A6%95%E0%A6%BE
নাওমি অ'ছাকা
নাওমি অ'ছাকা জন্ম ১৬ অক্টোবৰ, ১৯৯৭) হৈছে এগৰাকী জাপানী পেছাদাৰী টেনিছ খেলুৱৈ৷ মহিলা টেনিছ সন্থাৰ দ্বাৰা তালিকাভুক্ত তেখেত হৈছে ডব্লিউ টি এ শীৰ্ষ স্থানত থকা খেলুৱৈ৷ শীৰ্ষস্থান লাভ কৰা জাপানী পুৰুষ আৰু মহিলা খেলুৱৈৰ ভিতৰত অ'ছাকাই প্ৰথম৷ নাওমিয়ে গ্ৰেণ্ড শ্লেমৰ একক খিতাপ চাৰিবাৰ জয় কৰিছে আৰু ২০২১ বৰ্ষৰ অষ্ট্ৰেলিয়ান অপেনত আধিপত্য বিস্তাৰ কৰিছে৷ ২০১৮ চনৰ ইউ এছ অপেনৰ মহিলা একক শাখা আৰু ২০১৯ চনৰ অষ্ট্ৰেলিয়ান অপেনৰ মহিলা-একক শাখাত নাওমিয়ে প্ৰথম দুটা গ্ৰেণ্ড শ্লেম খিতাপ অৰ্জন কৰে৷ ২০০১ চনত জেনিফাৰ কেপ্ৰিয়াটিৰ পিছতেই ক্ৰমাগতভাৱে দুটা গ্ৰেণ্ড শ্লেম অৰ্জন কৰা নাওমি প্ৰথমগৰাকী খেলুৱৈ৷ ইয়াৰ লগতে ছেৰেনা উইলিয়ামছৰ (২০১৫) পিছত ক্ৰমাগতভাৱে গ্ৰেণ্ড শ্লেম একক খিতাপ জয় কৰা নাওমি প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ১৯৯৭ চনৰ ১৬ অক্টোবৰত নাওমি অ'ছাকাৰ জন্ম লৈছিল৷ জন্মস্থান আছিল জাপানৰ ছো-কু, অ'ছাকা৷ নাওমিৰ পিতৃ-মাতৃ হৈছে টামাকি অ'ছাকা আৰু লিঅ'নাৰ্ড ফ্ৰাংকয়ছ৷ নাওমিৰ মাতৃ হকাইড'ৰ নেমুৰুৰ আৰু পিতৃ হৈছে হাইটিৰ জেকমেলৰ৷ নাওমিৰ জ্যেষ্ঠা ভগ্নী মেৰী অ'ছাকা হৈছে এগৰাকী প্ৰাক্তন পেছাদাৰী টেনিছ খেলুৱৈ৷ জাপানত থকাৰ সময়তে দুয়োগৰাকী কন্যাকে মাতৃৰ পাৰিবাৰিক নামটো দিয়া হয় কেৱল ব্যৱহাৰিক কাৰণতে৷ তিনি বছৰ বয়সত অ'ছাকা আৰু তেওঁৰ পৰিয়ালটো জাপানৰ পৰা নিউ ইয়ৰ্কৰ এলমণ্টলৈ আহে আৰু তেওঁলোকৰ পিতৃৰ লগত থাকিবলৈ লয়৷ ১৯৯৯ চনৰ ফ্ৰেন্স অপেনত উইলিয়ামছ ভগ্নীৰ খেল দেখি তেওঁলোকৰ পিতৃ প্ৰভাৱিত হৈছিল আৰু নিজৰ জীয়েক দুগৰাকীকো টেনিছ শিকাবলৈ অনুপ্ৰাণিত হৈছিল৷ উইলিয়ামছ ভগ্নীদ্বয়ৰ পিতৃ ৰিচাৰ্ড উইলিয়ামছে কিদৰে টেনিছৰ সামান্য অভিজ্ঞতা থকা সত্ত্বেও নিজৰ কন্যা দুগৰাকীক বিশ্বৰ শ্ৰেষ্ঠ টেনিছ খেলুৱৈৰ আসনত বহুৱাবলৈ সক্ষম হৈছিল৷ ফ্ৰাংকয়ছে কৈছিল ."(৷) আমেৰিকা যুক্তৰাষ্ট্ৰত থিতাপি লোৱাৰ পাছতেই তেওঁ নাওমি আৰু মেৰিক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে৷ ২০০৬ চনত তেওঁলোকৰ পৰিয়ালটো ফ্লৰিডালৈ আহে৷ সেইসময়ত নাওমিৰ বয়স আছিল আঠ বা ন ৷ ফ্লৰিডালৈ অহাৰ উদ্দেশ্য আছিল তেওঁলোকৰ বাবে প্ৰশিক্ষণৰ সুবিধাবোৰ উন্নততৰ কৰা৷ দিনৰ ভাগত নাওমিয়ে পেমব্ৰক পাইনছৰ ৰাজহুৱা কৰ্টত প্ৰশিক্ষিত হৈছিল আৰু নিশাৰ ভাগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঘৰুৱাভাৱে বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছিল৷ ১৫ বছৰ বয়সত নাওমিয়ে আইএছপি একাডেমিৰ পেট্ৰিক ট'মাৰ লগত জড়িত হয়৷ ২০১৪ চনত নাওমি হেৰল্ড ছ'ল'ম'ন টেনিছ একাডেমীলৈ স্থানান্তৰিত হয়৷ পৰৱৰ্তী সময়ত নাওমিয়ে প্ৰ'ৱৰ্ল্ড টেনিছ একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰে৷ অ'ছাকা যদিও আমেৰিকা যুক্তৰাষ্ট্ৰত লালিত-পালিত হৈছিল, অভিভাৱকে সিদ্ধান্ত লৈছিল যে- কন্যা দুগৰাকীয়ে জাপানক প্ৰতিনিধিত্ব কৰিব৷ তেওঁলোকে কৈছিল, অৱশ্যে এই সিদ্ধান্তটো আমেৰিকা যুক্তৰাষ্ট্ৰ টেনিছ সন্থাৰ অৱহেলাসূচক মনোভংগীৰ দ্বাৰাও প্ৰভাৱিত হ'ব পাৰে; যি সময়ত নাওমি এগৰাকী যুৱ খেলুৱৈ আছিল৷ ১৬ বছৰ বয়সত আমেৰিকান টেনিছ সন্থাই নাওমিক ফ্লৰিডাস্থিত বোকা ৰেটনত ৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লোৱাৰ এটা সুযোগ প্ৰদান কৰিছিল; পিছে তেওঁ সেই অনুৰোধ নাকচ কৰে৷ ব্যক্তিগত জীৱন অ'ছাকা ডব্লিউটিএ ট্যুৰৰ আৰম্ভণিৰ সময়ছোৱাত এটি লজ্জাশীল আৰু সংৰক্ষিত ব্যক্তিত্বৰ গৰাকী আছিল৷ নাওমিৰ প্ৰাক্তন প্ৰশিক্ষক চাছ্ছা বাজিন নাওমিৰ এনে ব্যক্তিত্বক লৈ প্ৰায়েই খেলিমেলিত ভুগিছিল৷ তেওঁ কৈছিল- অ'ছাকা বৰ মুকলিমূৰীয়া৷ আৰু তেওঁৰ ৰসবোধক সততে শুকান বুলি অভিহিত কৰা হয়৷ ২০১৮ চনৰ ইণ্ডিয়ান ৱেলছ অপেনৰ বিজয়ী অনুষ্ঠানত অ'ছাকাই ক'বলৈ আৰম্ভ কৰিছিল- আৰু পাছলৈ কৈছিল, "৷ নাওমিয়ে নিজৰ স্পনছ'ৰকে প্ৰমুখ্য কৰি একাধিক লোকৰ নাম ক'বলৈ পাহৰি গৈছিল৷ আমেৰিকান ৰেপাৰ কৰ্ডিৰ সৈতে অ'ছাকাৰ সম্পৰ্ক গঢ়ি উঠিছে৷ ২০২১ চনত অ'ছাকাই আমেৰিকাৰ শীৰ্ষস্থানীয় মহিলা ফুটবল সন্থা, ৰাষ্ট্ৰীয় মহিলা ছকাৰ লীগত নৰ্থ কেৰোলিনা কাৰেজ দলৰ সহ-স্বত্বাধিকাৰী হৈ পৰে৷ বিজ্ঞাপনৰ জগতত পৃথিৱীৰ সাবতোকৈ বিপণনযোগ্য ক্ৰীড়াবিদসকলৰ ভিতৰত অ'ছাকা অন্যতম৷ ২০১৯ চনত অ'ছাকাই প্ৰায় ১৬ মিলিয়ন ডলাৰ বিজ্ঞাপন/এণ্ডৰ্ছমেণ্টৰ জৰিয়তে আহৰণ কৰিছে৷ ২৫ মিলিয়ন ডলাৰ অৰ্জন কৰা ছেৰেনা উইলিয়ামছৰ পিছতেই অ'ছাকাই মহিলা এথলিটৰ তালিকাত স্থান পায়৷ পৰৱৰ্তী বৰ্ষত ৩৭.৪ মিলিয়ন ডলাৰ অৰ্জন কৰি অ'ছাকা হৈ পৰে সৰ্বকালৰ মহিলা এথলিটৰ ভিতৰত সৰ্বাধিক উপাৰ্জনকাৰী৷ ইয়াৰে ৩৪মিলিয়ন ডলাৰ তেওঁ বিজ্ঞাপনৰ জৰিয়তে আহৰণ কৰে৷ ২০২১ বৰ্ষৰ জানুৱাৰী মাহত অ'ছাকাক টেগ হিউৰ ঘড়ী আৰু লুইছ ভুইট্টনৰ ব্ৰেণ্ড এম্বাছাদৰ হিচাপে নিয়োগ কৰা হয়৷ সামাজিক দিশত সক্ৰিয়তা পেছাদাৰী টেনিছত অ'ছাকা এগৰাকী শীৰ্ষতম সক্ৰিয় সমাজকৰ্মী হিচাপে পৰিগণিত হৈছে৷ পুলিচৰ হাতত প্ৰাণ হেৰুওৱা জেকব ব্লেইকৰ ঘটনাটোৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে ২০২০ চনৰ নিউ ইয়ৰ্কত হোৱা ছিনছিনাটি অপেনৰ পৰা অ'ছাকাই নিজৰ নাম প্ৰত্যাহাৰ কৰে৷ পৰিণতিস্বৰূপে টুৰ্ণামেণ্টখনে এদিনৰ বাবে ডব্লিউটিএ আৰু এটিপি পৰ্যায়ৰ সকলো খেল অ'ছাকাৰ সমৰ্থনত বাতিল কৰিবলগীয়াত পৰে৷ ২০২০ চনৰ পৰৱৰ্তী সপ্তাহটোতে অনুষ্ঠিত হোৱা ইউএছ অপেনত অ'ছাকাই প্ৰতিদিনে কৰ্টত নমাৰ পূৰ্বে পৰিধান কৰা মাস্কবোৰত আফ্ৰিকীয় আমেৰিকান মূলৰ আৰক্ষীৰ হাতত মৃত্যু হোৱা ব্যক্তিকেইগৰাকীৰ নাম লিখা আছিল৷ সেইসকল হৈছে ব্ৰেৰোনা টেয়লৰ, এলিজাহ মেকলেইন, আহমাউদ আৰবেৰি, ট্ৰেভেয়ন মাৰ্টিন, জৰ্জ ফ্লয়ড, ফিলাণ্ডো কেষ্টাইল আৰু টামিৰ ৰাইচ৷ অ'ছাকাৰ এই নিদৰ্শনক মাৰ্টিন আৰু আৰ্বেৰিৰ পিতৃ-মাতৃৃয়ে পোনপটীয়াকৈ প্ৰশংসা কৰে৷ অ'ছাকাই ব্লেক লাইভছ মেটাৰ আন্দোলনক সমৰ্থন কৰা আৰু আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ ব্যক্তিগত কাৰণবোৰ এস্কুয়াৰ আলোচনীৰ এক অ'প-এডত উল্লেখ কৰিছিল৷ সামাজিক সজাগতাৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে ২০২০ বৰ্ষত অ'ছাকাক হিচাপে ঘোষণা কৰা হয়৷ তথ্যসূত্ৰ টেনিছ খেলুৱৈ
2265
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AA%E0%A6%A6
চৰ্যাপদ
চৰ্যাপদ হৈছে ৮ম-১৩শ শতিকামানত ৰচিত মূলতঃ বৌদ্ধ ধমৰ্ৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ গীত। প্ৰত্যেকটো চৰ্যা সাঁথৰৰ দৰে, ইয়াৰ বাহ্যিক অৰ্থ অতি সহজ কিন্তু মৰ্মাৰ্থ বা গূঢ়াৰ্থ বুজা কঠিন। চৰ্যাপদসমূহক বঙালী-অসমীয়া ভাষাৰ প্ৰথম লিখিত ৰূপৰ চানেকি হিচাপে চিহ্নিত কৰা হৈছে। বতৰ্মান সময়ত বিভিন্ন গৱেষণাৰ অন্তত চৰ্যাপদসমূহত অসমীয়া ভাষাৰ উপৰি বঙলা, উৰিয়া, হিন্দী, মৈথেলী আদি ভাষাৰো আদি কালৰ নিদশৰ্ন ৰক্ষিত হৈছে বুলি প্ৰমাণিত হৈছে। এই চৰ্যাপদসমূহ পোন প্ৰথমবাৰৰ বাবে লোকচক্ষুৰ আগত তুলি ধৰে হৰপ্ৰসাদ শাস্ত্ৰীয়ে। চৰ্যাপদৰ ভাষাক "সন্ধ্যাভাষা" বা "আলো-আঁধাৰি ভাষা" বুলি অভিহিত কৰা হয়। বৰ্তমান ৮৪ জন সিদ্ধাচৰ্যৰ দ্বাৰা ৰচিত ৫০টা চৰ্যা পোৱা যায়। উদ্ধাৰ কলিকতাৰ এচিয়াটিক ছচাইটিৰ পুথি সংগ্ৰহৰ কামত হৰপ্ৰসাদ শাস্ত্ৰী কেইবাবাৰো নেপাললৈ গৈছিল। ইয়াৰে ১৯০৭ চনত তৃতীয়বাৰৰ বাবে নেপাললৈ যাওঁতে তাৰে ৰাজ দৰবাৰৰ গ্ৰন্থাগাৰত ৰক্ষিত কেইখনমান নতুন পুথি বিচাৰি পায়। সেইকেইখন হ’ল চৰ্যাচৰ্যবিনিশ্চয়, সৰোজবজ্ৰৰ দোহাকাষ আৰু কৃষ্ণাচাৰ্যৰ দোহাকোষ। এই তিনিখন পুথিৰ লগতে আগৰবাৰ যাওঁতে সংগ্ৰহ কৰি অনা ডাকাণৰ্ৱ নামৰ পুথিখন একেলগ কৰি ১৯১৬ চনত 'হাজাৰ বছৰেৰ পুৰাণ বঙালী ভাষাৰ বৌদ্ধ গান ও দোহা’ নামেৰে ছপা কৰি উলিয়ায়। প্ৰকাশক আছিল বঙ্গীয় সাহিত্য পৰিষদ। উল্লেখ্য যে হৰপ্ৰসাদ শাস্ত্ৰীযে পোৱা চৰ্যাচৰ্যবিনিশ্চয় পুথিখন মূল পুথি নাছিল। এইখন আছিল আচাৰ্য মুনিদত্তই লিখা এখন টীকা পুথিহে। পুথিখনৰ কতো চৰ্যাচৰ্যবিনিশ্চয় নামটোত উল্লেখ নথকাৰ পৰা অনুমান কৰা হয় যে এই নামটো শাস্ত্ৰীদেৱে নিজেই দিছিল। মুনিদত্তই লিখা টীকা পুথিখনত অৱশ্যে চযৰ্যানীতিকোষবৃত্তি নামটো আছে আৰু ইয়াৰ লগতে মূল চৰ্যাখিনিও সন্নিবিষ্ট আছিল। উল্লেখ্য যে চৰ্যাগীতৰ তিববতী অনুবাদৰ প্ৰথম সন্ধান লাভ কৰে ড॰ সুনীতি কুমাৰ চট্টোপাধ্যায়এ। পৰৱৰ্তীকালত ড॰ প্ৰবোধ চন্দ্ৰ বাগচী, নীলৰতন সেন আদিযে চৰ্যাপদ সম্পৰ্কে গৱেষণা কৰি বিভিন্ন নতুন নতুন তথ্যৰ সম্ভেদ দিযে। ড॰ বাগচীৰ গৱেষণাৰ কালতেই চৰ্যাগীতৰ সম্পূৰ্ণ তিববতী অনুবাদটি আৱিষ্কৃত হয় আৰু তাৰ পৰাই সংস্কৃত টীকাকাৰৰ নাম যে মুনিদত্ত আছিল সেয়া গম পোৱা যায়। তিববতী অনুবাদৰ পৰা গম পোৱা যায় যে আচাৰ্য মুনিদত্তই এশটা গানৰ কোষ-গ্ৰন্থৰ পৰা একাৱন্নটা গান বাচি লৈ টীকা ব্যাখ্যা কৰিছিল। তাৰে এটা টীকা পৰৱৰ্তীকালৰ কোনো লিপিকাৰৰ হাতত হেৰাল আৰু সেইটি বাদ দিযেই মুনিদত্তৰ টীকাখন নকল কৰি উলিয়ায়। অৱশ্যে নেপালত উদ্ধাৰ হোৱা পুথিখনত (চৰ্যাগীতিকোষ)ৰ শেষৰ পাতখিলা আৰু মাজৰ কেইখিলামান পাত নাই (৬৯খন পাত আছে)। সবৰ্মুঠ তিনিটা সম্পূৰ্ণ আৰু এটাৰ আধা অংশৰ মূল পাঠৰ লগতে টীকা অংশ নাছিল। ৰচনাশৈলী হৰপ্ৰসাদ শাস্ত্ৰীযে চৰ্যাচৰ্যবিনিশ্চয় পুথিখনৰ গানবোৰক বৌদ্ধ কীতৰ্ন, বৌদ্ধ সংকীতৰ্ন বুলি অভিহিত কৰিছো। অৱশ্যে টীকাকাৰে চৰ্যাৰ উপৰি "গীত" আৰু "পদ" শব্দ দুটাও উল্লেখ কৰিছে। এই গীতসমূহৰ ভাষাৰ লগত নব্য ভাৰতীয় আযৰ্ভাষাৰ অন্তগৰ্ত মৈথিলী, উৰিয়া, বঙালী, বিষ্ণুপ্ৰিয়া মণিপুৰী আৰু অসমীয়া ভাষাৰ মিল দোখা যায়। সেযে বিভিন্ন ভাষাৰ পণ্ডিতসকলে নিজৰ নিজৰ ভাষাৰ সম্পত্তি বুলি এই চৰ্যাপদসমূহক চিহ্নিত কৰিছে। ড॰ বাণীকান্ত কাকতিয়েও ইয়াৰ ধবনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক দিশসমূহ ফঁহিয়াই অসমীয়া ভাষাৰ লগত যে মিল আছো সেয়া প্ৰমাণ কৰি গৈছো। এই পুথিখনত সবৰ্মুঠ ২৩ জন সিদ্ধাচৰ্যৰ দ্বাৰা ৰচিত গীত সন্নিবিষ্ট হৈছে। উল্লেখ্য যে এওঁলোক ৮৪ জন তান্ত্ৰিক সিদ্ধাচাৰ্যৰ অন্তৰ্ভুক্ত। তেওঁলোকৰ নামসমূহ হল কাহ্নপাদ (১৩টা চৰ্যা), ভূসুকপাদ (৮টা), সৰহপাদ, (৪ টা), কুক্কুৰীপাদ, (৩ টা), লুইপাদ, শৱৰপাদ, শান্তিপাদ (এইসকলৰ দুটা), বিৰয়াপাদ, গুঞ্জৰীপাদ, চাটিল্লপাদ, কম্বলাম্বৰপাদ, ডোম্বীপাদ, মহীধৰপাদ, বীণাপাদ, আৰ্যদেৱপাদ, ঢেণ্ঢনপাদ, দাৰিকপাদ, ভাদেপাদ, তাড়কপাদ, কংকনপাদ, জয়নন্দীপাদ, ধামপাদ, তন্ত্ৰীপাদ (তেওঁলোকৰ এটাকৈ চৰ্যা)। ইয়াৰে লুইপাদ, সৰহপাদ, মীননাথ, শান্তিপাদ, ডোম্বীপাদ, ঢেণ্ঢনপাদ, মহীধৰপাদ আদিক কামৰূপৰ লগত বিশেষ সম্পৰ্ক থকা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিব খোজো। এওঁলোকৰ বাহিৰেও চৰ্যাপদ, ইউডীপাদ, মীননাথ, আচাৰ্য বিনাওক, ধোকৰীপাদ, বিৰুপাক্ষপাদ, তিলোপাদ আদি সিদ্ধাচাযৰ্ৰ নামো টীকাত উল্লেখ আছে। চৰ্যাপদসমূহ অধিকাংশই দহ শাৰীয়া, তাৰে ভিতৰত ১০, ২৮ আৰু ৫০ নং চৰ্যা চৌধ্য শাৰীৰ; ২১ আৰু ২২ বাৰ শাৰীৰ; ৩৯ নং ঊনৈশ শাৰীৰ; ১৪ নংটি সাত শাৰীৰ; ২৩ নং ছয় শাৰীৰ; ২৫ নম্বৰটিৰ চাৰিটা শাৰীৰ নমুনাত ছয়টামান শব্দ আছো আৰু ২৪, ৪৮ নম্বৰ চৰ্যা দুটি লুপ্ত। সাধাৰণতে মাত্ৰাবৃত্ত ছন্দত লিখা চৰ্যাসমূহত অন্ত্যানুপ্ৰাসৰ প্ৰযোগ বহুল। এই গীতসমূহ গাবৰ বাবে নিৰ্ধাৰণ কৰি দিয়া হৈছো সবৰ্মুঠ ১৭ টি ৰাগ— পটমঞ্জৰী, গৱড়া (গউড়া), অৰু, গুঞ্জৰী, দোৱক্ৰী, দোশাখ (দ্বেশাখ), ভৈৰৱী, কামোদ, ধানসী, ৰামক্ৰী, বৰাড়ী (বলাড্ডী), শীৱৰী, মল্লাৰী, মানসী, গৱুড়া, কাহ্নগুঞ্জৰী আৰু বঙ্গাল। ইয়াৰে প্ৰায়বোৰেই পুৰণি অসমীয়া গীতত পোৱা যায়। বৰগীতৰ দৰে চৰ্যাটো ভণিতা আছে আৰু প্ৰত্যেক পদৰ দ্বিতীয় চৰণটোত ধ্ৰং বা ধ্ৰৱ বুলি নিদেৰ্শ কৰা হৈছে। বিষয়বস্তু চৰ্যাপদসমূহৰ বিষয়বস্তু ৰহস্যময়ী। মূলতঃ নিৰ্বাণ লাভ কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই ইয়াক ৰচনা কৰা হৈছে। নিৰ্বাণ মানে বাসনাৰ পৰা নিবৃত্তি লাভ। পাথিৰ্ৱ পৃথিৱীৰ অনিত্যতা জ্ঞান লাভ কৰি, অবিদ্যা-মোহ ধবংস কৰিব পাৰিলেই নিৰ্বাণ লাভ হয়। বৌদ্ধ ধমৰ্ৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ কাৰণে, নিৰ্বাণ লাভ কৰাৰ পথ দেখুৱাবৰ বাবে বিভিন্ন ধৰণৰ ৰপক, প্ৰতীক, দ্ব্যাথৰ্ক পাৰিভাষিক শব্দ, বিবিধ উপামা আদি ব্যৱহাৰ কৰি এই চৰ্যাসমূহ ৰচনা কৰা হৈছো। ইয়াৰ অৰ্থ শুদ্ধভাৱে অনুধাৱন কৰিবলৈ হ’লে গুৰুৰ সহায় লাগিবই। সেইবাবেই প্ৰথম চৰ্যটিত কোৱা হৈছে— ‘লুই ভণই গুৰু পুচিছঅ জান॥ চৰ্যাবোৰৰ মাজোদি সহজীয়া ধমৰ্ৰ দাশৰ্নিক তত্ত্ব সম্বন্ধীয়, যোগ সম্বন্ধীয় আৰু তন্ত্ৰ সম্বন্ধীয় দিশ প্ৰতীকি ভাষাৰে অৱগত কৰা হৈছে। চৰ্যাপদৰ ভাষা সাধাৰণতে চৰ্যাপদত ব্যৱহাত ভাষাৰ ৰূপটি "পূৰ্বী সিদ্ধাচাৰ্যসকলে দ্ব্যথৰ্ক পাৰিভাষিক শব্দ, নানান উপমা-প্ৰতীক ব্যৱহাৰ কৰি ইয়াৰ ভাষা অধিক ৰহস্যময়ী কৰি তুলিছে। হৰপ্ৰসাদ শাস্ত্ৰীয় ইয়াৰ ভাষাক "সন্ধ্যা ভাষা" আখ্যা দি মন্তব্য কৰিছে— ‘সন্ধ্যাভাষা মানে আলো-আঁধাৰি ভাষা, কতক আলো, কতক অন্ধকাৰ, খানিক বুঝা যায়, খানিক বুঝা যায় না। প্ৰাচ্যতত্ত্ববিদ মহেশ্বৰ নেওগদেৱেও ইচ্ছাকৃত জটিলতা বতৰ্মান, কাৰণ সেই ভাষা সাংকেতিক, যাৰে তাৰে বাবে নহয়, সি বোবা গুৰুৱে কলা শিষ্যক (গুৰু বোব সে সীস কাল) বুজোৱা কিছুমান ইংগিত মাত্ৰ। বৃত্তিকাৰে সেই ভাষাক সন্ধ্যাভাষা বা সন্ধ্যাবচন, সন্ধ্যাসংকেত বা সন্ধ্যা যি ভাষাৰ অভীষ্ট মৰ্মাৰ্থ গভীৰভাৱে অনুধ্যান কৰিহে হৃদয়ঙ্গম কৰিব পৰা যায়। বুলি মন্তব্য কৰিছে। আচাৰ্য মুনিদত্তয়ো ব্যাখ্যা কৰাৰ প্ৰসংগত সন্ধ্যাবচন, সন্ধ্যাসংকেত, সন্ধা এনে শব্দৰে গূঢ়তত্ত্ব ব্যাখ্যা কৰিছে। গ্ৰন্থৰ পবিত্ৰতা, সাধন প্ৰণালীৰ গোপনীয়তা আৰু গূঢ়তত্ত্বৰ গুৰুত্ব সন্ধ্যাভাষাত সততে ৰক্ষা কৰা হয়। সেয়ে ইয়াৰ ভাষা দ্ব্যথৰ্ক পাৰিভাষিক আৰু আলংকাৰিক। উল্লেখযোগ্য যে, সবৰ্সাধাৰণ জনগণে ব্যৱহাৰ কৰা ভাষাৰ মাধ্যমেৰেই ইয়াত ধমৰ্ৰ গূঢ়তত্ত্ব ব্যাখ্যা কৰা হৈছে। আইসন চৰ্যা কুক্কুৰীপাএঁ গাই উ। কোডি মাঝে একু হিঅহিঁ সমাইউ॥ (২ নং চৰ্যা) প্ৰধান কথাটি হ’ল এই কথ্য ভাষাটি আছিল প্ৰাচীন কামৰূপ, মগধ, উৎকল, গৌড়, বিষ্ণুপ্ৰিয়া মণিপুৰী আদি ঠাইৰ উমৈহতীয়া কথ্য ভাষা। চৰ্যাত এই সকলো ঠাইৰে আঞ্চলিক ভাষিক বৈশিষ্ট্য মিহলি হৈ আছে। সেয়ে প্ৰত্যেকেই চৰ্যাসমূহ নিজৰ নিজৰ প্ৰাচীন সম্পত্তি বুলি দাবী কৰে। তদুপৰি চৰ্যাবোৰৰ মাজোদি সমকালীন সমাজ জীৱনৰ বিভিন্ন চিত্ৰ, যেনে তুলা বা কপাহ ধুনা কাৰ্য, শৱৰ, ডোম প্ৰভৃতি কৰ্মজীৱীৰ ব্যৱসায়িক ভিত্তি, মাছমৰা, বিবাহ পদ্ধতি, নাৱৰীয়া আদিৰ উল্লেখেৰে ঘৰুৱা চিত্ৰক, দৈনন্দিক কমৰ্ক ৰূপক হিচাপে ব্যৱহাৰ কৰি ধৰ্মতত্ত্বৰ ব্যাখ্যা আগবঢ়াইছে। এক কথাত ক’ব পাৰি যে চৰ্যাত ব্যৱহাৰিক জীৱনত সদায় দোখি থকা বা উপলব্ধি কৰা চিত্ৰৰ মাজোদি গভীৰ তাত্বিক কথা এটি সহজ-সৰলভাৱে উপস্থাপন কৰিবলৈ বিচৰা হৈছো। ড॰ বাণীকান্ত কাকতিযে চৰ্যাপদৰ ভাষাৰ লগত অসমীয়া ভাষাৰ সম্পৰ্কৰ কথা ধবনিতাত্ত্বিক আৰু ৰপতাত্ত্বিক বিশ্লেষণেৰে ফঁহিয়াই দেখুৱাইছে। তলত তাৰে কেইটিমান উল্লেখ কৰা হ’ল— হ্ৰস্ব আৰু দীৰ্ঘ বৰ্ণ অবিচাৰিতভাৱে ব্যৱহত, যেনে চুম্বি, চূম্বি, চূম্বী, পঞ্চ, পাঞ্চ। অসমীয়াৰ দৰে চৰ্যাত কৰ্তা, কৰ্ম, কৰণ আৰু অধিকৰণ কাৰক বাক্যত বিভক্তিযুক্ত নোহোৱাকৈ ব্যৱহাৰ হয়, যেনে— বাঢ়ই সো তৰু সুভাসুভ পানী (৪৫ নং), কামৰ ণাঅ (২নং)। অসমীয়াৰ দৰে স্ত্ৰী বিভক্তিৰ সম্বন্ধ পদৰ চিন ‘-ৰ’ ব্যৱহাৰ, হৰিণাৰ খুৰ, ডোম্বীৰ সঙ্গে। স্ত্ৰী প্ৰত্যয় ‘ঈ’ আৰু ‘নী’ৰ ব্যৱহাৰ, যেনে— হৰিনী, দোৱী, জোইণি। পুৰণি অসমীয়াত প্ৰচলিত তত্সম, অৰ্দ্ধ-তত্সম, তদ্ভৱ আৰু দেশী শব্দৰ ব্যৱহাৰ। যেনেঃ তত্সম শব্দ- অৱকাশ, অভাব, আকাশ, গগণ, চৰণ, নাটক, নায়ক; অৰ্দ্ধ-তত্সম শব্দ- গৰাহক গ্ৰাহক, পৰস স্পৰ্শ, পহাৰা প্ৰহৰ; তৎভৱ শব্দ- সমধৰ শশধৰ, সোণ সুৱৰ্ণ, কামৰু কামৰূপ; দেশী শব্দ- টাকলি, ভিডি, খাল, ঘাট ইত্যাদি। চৰ্যাপদত(চৰ্য্যাপদ) কিছুমান প্ৰবচন বা যোজনা পৰিলক্ষিত হৈছে।তাৰ কেইটিমান উদাহৰণ হৈছে-'ৰুখেৰ তেন্তলি কুম্ভীৰে খাঅ'(গছৰ তেতেলি কুম্ভীৰে খায়,২)।'হাড়ীত ভাত নাহি নিতি আৱেশী'(চৰুত ভাত নাই,অথচ নিতৌ অতিথি আহে,৩৩)'গুৰু বোব সে সীস কাল'(বোবা গুৰুৰ কৰা শিষ্য,৪০) ইত্যাদি। এই প্ৰবচনবোৰৰ ব্যৱহাৰে চৰ্যাপদৰ (চৰ্য্যাপদ) প্ৰকাশ-ভঙ্গীৰ সৌন্দৰ্য্য আৰু তত্ব-কথাৰ গাম্ভীৰ্য্য বঢ়াইছে।এইবোৰৰ প্ৰভাৱ পৰবৰ্ত্তী কালৰ অসমীয়া সাহিত্যত বিৰাজমান হৈ আছে। চৰ্যাপদসমূহৰ(চৰ্য্যাপদ)কাব্যিক মূল্য আছে। লগতে বৰগীতৰ ভাষা ,ৰাগ আৰু ছন্দৰ সৈতেও চৰ্যাপদৰ(চৰ্যাপদ) মিল দেখা গৈছে। এই সম্পৰ্কে ড:পৰীক্ষিত হাজৰিকাই তেখেতৰ'চৰ্য্যাপদ'নামৰ গ্ৰন্থখনত(চতু্ৰ্দশ তাঙৰণ,২০২০চন,ডালিমী প্ৰকাশন,গুৱাহাটী-২৫)বিস্তৃত ভাৱে আলোচনা কৰিছে। পয়াৰ, অনুষ্টুভ, পাদাকুলক আদি মাত্ৰাবৃত্ত ছন্দসজ্জাৰে ৰচিত এই চৰ্যাবোৰৰ মাজোদি উদ্ভৱ কালৰ অসমীয়া ভাষাৰ সাহিত্যিক ৰূপ এটি ৰক্ষিত হৈছে। প্ৰসংগ পুথি কটকী, প্ৰফুল্ল (২০০৫); সাহিত্য সংজ্ঞা কোষ;জ্যোতি প্ৰকাশ, পাণবজাৰ, গুৱাহাটী-১। কাকতি, বাণীকান্ত (১৯৫৮);পুৰণি অসমীয়া সাহিত্য, লয়াৰ্ছ বুক ষ্টল, পাণবজাৰ, গুৱাহাটী-১। গোস্বামী, প্ৰফুল্লদত্ত (১৯৯৪);অসমীয়া জন-সাহিত্য, বাণী প্ৰকাশ, প্ৰাইভেট লিমিটেড, পাণবজাৰ, গুৱাহাটা ১। গোস্বামী, যতীন্দ্ৰনাথ (১৯৯৪); অসমীয়া সাহিত্যৰ চমু-বুৰঞ্জী, মণি-মাণিক প্ৰকাশ, পাণবজাৰ, গুৱাহাটা ১। গোস্বামী, হোমচন্দ্ৰ (১৯২৪);অসমীয়া সাহিত্যৰ চানেকি, কলিকতা বিশ্ববিদ্যালয়, কলিকতা। চক্ৰৱৰ্তী, মঞ্জু; হাজৰিকা, কৰবী ডেকা (২০০৪); চৰ্যাপদ আৰু বৰগীত, বনলতা, নতুন বজাৰ, ডিব্ৰুগড়। নেওগ, ডিম্বেশ্বৰ (১৯৫৮);অসমীয়া সাহিত্যৰ বুৰঞ্জী, যোৰহাট। নেওগ, মহোশ্বৰ (২০০০);অসমীয়া সাহিত্যৰ ৰপৰেখা, চন্দ্ৰ প্ৰকাশ, পানবজাৰ, গুৱাহাটী-১। শৰ্মা, স্যতেন্দ্ৰনাথ (১৯৯৬); অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ, ৰিহাবাৰী, গুৱাহাটী। হাজৰিকা, পৰীক্ষিত (২০২০);চৰ্য্যাপদ, ডালিমী প্ৰকাশ, ফটাশিল, আমবাৰী, গুৱাহাটী। হাজৰিকা, বিশ্বেশ্বৰ (২০০৩); অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড), আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংস্থা, অসম। বন্দোপাধ্যায়, অসিত কুমাৰ (১৯৭৬); বাংলা সাহিত্যেৰ ইতিবৃত্ত, কলিকতা। সেন, সুকুমাৰ (১৯৭৬); বাঙ্গালা সাহিত্যেৰ ইতিহাস (১ম খণ্ড), কলিকতা। (1965), (1959), অসমৰ ভাষা আৰু লিপি অসমীয়া
66252
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%87%E0%A7%B1%E0%A6%BE%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%A4%20%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE
সেৱাব্ৰত বৰুৱা
সেৱাব্ৰত বৰুৱা ১৯৪৮–২০২১) অসমৰ এগৰাকী জনপ্ৰিয় আৰু প্ৰসিদ্ধ নাট্যকাৰ, পৰিচালক আৰু অভিনেতা আছিল। অসম নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি আৰু উপদেষ্টাৰ দায়িত্ব বহন কৰা বৰুৱাই সদৌ অসম ছাত্ৰ সন্থাৰ অমূল্য কাকতি স্মাৰক বঁটা, অসম সাহিত্য সভাৰ ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা (২০১৯), অসম সাংস্কৃতিক মহাসভাৰ বঁটা (২০১৯) ইত্যাদি বঁটাৰে, আৰু 'নাট্য প্ৰভাকৰ' আৰু 'নাট্য শিৰোমণি' উপাধিৰে সন্মানিত হৈছিল। জন্ম আৰু শিক্ষা সেৱাব্ৰত বৰুৱাৰ ১৯৪৮ চনৰ ১৬ জুলাই তাৰিখে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ গোঁসাইপথাৰত জন্ম হৈছিল। তেওঁৰ পিতৃ যোগেশ্বৰ বৰুৱা ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ এগৰাকী আগশাৰীৰ মুক্তিযোদ্ধা আছিল, আৰু মাতৃ আছিল কমলা বৰুৱা। তেওঁ মাত্ৰ ১০ বছৰ বয়সতে এক শোকাবহ দুৰ্ঘটনাত পিতৃক হেৰুৱায়। বিহপুৰীয়া মজলীয়া বিদ্যালয় আৰু লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা শেষ কৰাৰ পিছত তেওঁ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত কলেজীয়া শিক্ষা লাভ কৰিছিল। নাট্যজীৱন সেৱাব্ৰত বৰুৱাই অষ্টম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে প্ৰথম নাট্যশিল্পৰ সৈতে জড়িত হৈছিল। অভিনয়ৰ যোগেদি ভ্ৰাম্যমাণৰ মঞ্চত প্ৰথম ভূমুকি মৰা বৰুৱাই আশী দশকৰ আদিভাগত অধুনালুপ্ত অণিৰ্বাণ থিয়েটাৰত অভিনয় কৰিছিল। উক্ত নাট্যদলত ভৱেন বৰুৱাৰ দ্বাৰা ৰচিত 'কুশল কোঁৱৰ' নাটত তেওঁ কুশল কোঁৱৰৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। ভ্ৰাম্যমাণ থিয়েটাৰ আৰু অপেছাদাৰী মঞ্চৰ বাবে শতাধিক নাটক ৰচনা কৰা সেৱাব্ৰত বৰুৱাৰ দ্বাৰা ৰচিত ভ্ৰাম্যমাণৰ প্ৰথম নাটকখন হৈছে অপ্সৰা থিয়েটাৰৰ মঞ্চত প্ৰদৰ্শিত হোৱা 'বালিঘৰ'। বিহপুৰীয়াত তথা অসমৰ নাট্যজগতত তেওঁ সততে মিলু দা নামেৰে পৰিচিত আছিল। সেৱাব্ৰত বৰুৱাই অসম নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি আৰু পিছলৈ উপদেষ্টা, নাট্য সন্মিলনৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি, বিহপুৰীয়া সন্মিলিত নাট্য সমাজৰ সভাপতি, বিহপুৰীয়া ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সদস্য, বিহপুৰীয়া জ্যেষ্ঠ নাগৰিক সংস্থাৰ উপদেষ্টা, প্ৰগতি সংঘৰ উপদেষ্টা আদি বিভিন্ন দায়িত্বত কাৰ্যনিৰ্বাহ কৰিছিল। বিহপুৰীয়াৰ অগ্ৰণী নাট্যচৰ্চাৰ অনুষ্ঠানসমূহৰ সৈতেও তেওঁ জড়িত আছিল। ভ্ৰাম্যমাণ থিয়েটাৰত কোনো অনূদিত প্ৰভাৱ নপৰাকৈ থলুৱা নাট্যৰীতিৰে অসমীয়া নাটকৰ উপস্থাপনৰ ক্ষেত্ৰত সেৱাব্ৰত বৰুৱাৰ ভূমিকা স্বীকাৰ্য। সেৱাব্ৰত বৰুৱাৰ নাট্যসম্ভাৰ অপেছাদাৰী মঞ্চৰ বাবে নাটক সৃষ্টিৰে আৰম্ভণি কৰা সেৱাব্ৰত বৰুৱাই তেওঁৰ ভ্ৰাম্যমাণৰ নাটকসমূহৰ জৰিয়তে বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ প্ৰসিদ্ধ নাটকসমূহৰ একাংশ তলত উল্লেখ কৰা হৈছে। বালিঘৰ নাস্তিক দখল বলাৎকাৰ পিঞ্জৰা শৈশৱতে ধেমালিতে মমতাৰ চিঠি লটকনৰ লটিঘটি পবিত্ৰ পাপী চৰকাৰ-চকীদাৰ আৰু চোৰ লেডী ডায়েনা হাত ৰং কিনিবা কোনে দাদা দখল-২ কিয় এনে হ’ল দাবানল বন্দী মৰম যাচিব কোনে মাক আৰু মৰম অশ্লীল দণ্ডনায়ক অবুজ দৰা-অচিন কইনা শিপা নেদেখা চাকি যৌতুক গৰখীয়া ল'ৰাৰ গান বেদখল ৰং নাম্বাৰ চেনাই মই যাওঁ দেই দৃষ্টিদান কাঠমাণ্ডুৰ দেৱযানী লগণ উকলি গ'ল নিলাজৰ লাজ বঁটা, সন্মান আদি অসমৰ নাট্যজগতলৈ আগবঢ়োৱা অসামান্য বৰঙনিৰ বাবে সেৱাব্ৰত বৰুৱাক বহু অভিধা আৰু সন্মানেৰে বিভূষিত কৰা কৈছিল। তেওঁ লাভ কৰা পঞ্চাছৰো অধিক সন্মানৰ ভিতৰত একাংশ হৈছে: অসম সাহিত্য সভাৰ ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা (২০১৯) সদৌ অসম ছাত্ৰ সন্থাৰ অমূল্য কাকতি স্মাৰক বঁটা (২০১৪) অসম সাংস্কৃতিক মহাসভাৰ বঁটা (২০১৯) সাহিত্য কাণ্ডাৰী পদ্মনাথ গোঁহাঞি বৰুৱা নাট্য বঁটা (২০১৪) মহানন্দ শৰ্মা এনাজৰী বঁটা (২০১৭) মনালিছা ভ্ৰাম্যমাণ বঁটা (২০১০) নাট্য প্ৰভাকৰ উপাধি নাট্য শিৰোমণি উপাধি (২০১৮) মৃত্যু বৃক্কৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অৱস্থাতে ২০২১ চনৰ ২৪ জানুৱাৰীৰ পুৱা প্ৰায় ৫.৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত সেৱাব্ৰত বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে, ২০১৯ চনত অসম সাহিত্য সভাৰ তৰফৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা প্ৰদান কৰাৰ সময়ত, তেওঁৰ মৃত্যুৰ পিছত সমদল বা সাৱঁৰণি সভা অনুষ্ঠিত নকৰিবলৈ তেওঁ ৰাজহুৱা আহ্বান জনাইছিল। তেওঁৰ ইচ্ছা অনুযায়ী সমদলৰ পৰিৱৰ্ত্তে তেওঁৰেই নাট্য চৰ্চাৰ প্ৰাণকেন্দ্ৰ সন্মিলিত নাট্য সমাজৰ প্ৰেক্ষাগৃহ যোগ বৰুৱা স্মৃতি ভৱনৰ সন্মুখত বিহপুৰীয়াৰ শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানে ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিহপুৰীয়াৰ গোঁসাইপথাৰস্থিত বাসগৃহত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। তথ্যসূত্ৰ অসমৰ ব্যক্তি মৃত ব্যক্তি অসমীয়া
5091
https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A6%BE%E0%A6%9A%E0%A6%BF%E0%A6%A4%20%E0%A6%AC%E0%A7%B0%E0%A6%AB%E0%A7%81%E0%A6%95%E0%A6%A8%20%28%E0%A6%9A%E0%A6%B2%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0%29
লাচিত বৰফুকন (চলচ্চিত্ৰ)
লাচিত 1961 লাচিত বৰফুকনৰ এটা দৃশ্য প্ৰবীণ ফুকন আৰু লক্ষ্যধৰ চৌধুৰী প্ৰাগজ্যোতি কলা মন্দিৰ, গুৱাহাটী প্ৰবীণ ফুকন প্ৰবীণ ফুকন আৰু লক্ষ্যধৰ চৌধুৰী 'লাচিত বৰফুকন নামৰ প্ৰবীণ ফুকনৰ লিখিত নাটক সৰ্বেশ্বৰ চক্ৰৱৰ্তী,ফণী শৰ্মাসুৰেন্দ্ৰনাথ দাস ব্ৰজেন বৰুৱা আৰু ক্ষীৰদাকান্ত বিষয়া চাৰু বৰদলৈ নলীন দুৱৰা সুবোধ ৰয়, গংগা নস্কৰ নিচিয়ান ষ্টুডিঅ', কলিকতা লীলা বৰুৱা চেপ্তেম্বৰ ১৯৬১ ভাৰত অসমীয়া ১,২৫,০০০ টকা লাচিত বৰফুকন ১৯৬১ চনত মুক্তিলাভ কৰা এখন বুৰঞ্জীমূলক অসমীয়া চলচ্চিত্ৰ। পৰিচালনাত আছিল লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকন। সমবায় ভিত্তিত গঠিত 'প্ৰাগজ্যোতি কলা মন্দিৰ'ৰ বেনাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল। নাম ভূমিকাত অভিনয় কৰিছিল সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে। মুঠ ১,২৫,০০০ টকা ব্যয়ৰে ছবিখন নিৰ্মাণ কৰা হৈছিল। ছবিখন গুৱাহাটীৰ ৰূপায়ণ ছবিঘৰত মুক্তি দিয়া হৈছিল। নিৰ্মাণৰ কথা লতাশিল খেলপথাৰত অনুষ্ঠিত বিহু সন্মিলনীত প্ৰতি বছৰে একোখনকৈ নাট মঞ্চস্থ কৰা হৈছিল। কেইবাবাৰো উপস্থাপন কৰা হৈছিল মণিৰাম দেৱান নাটকখন। যশস্বী অভিনেতা সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে সেইবাৰো 'মণিৰাম দেৱান' নাটকখন মঞ্চস্থ কৰিবলৈ মানা কৰি এখন নতুন নাটক লিখি মঞ্চস্থ কৰিবলৈ কয়। সেই মতেই সেইবাৰ প্ৰবীণ ফুকনৰ ৰছিত 'লাচিত বৰফুকন' নামৰ নাটকখন মঞ্চস্থ কৰিবলৈ থিৰাং কৰা হয়। নাটকখন উপভোগ কৰি 'দেৱেন্দ্ৰনাথ শৰ্মা'ই সেইখন চলচ্চিত্ৰ ৰূপ দিবলৈ অনুপ্ৰেৰণা দিয়ে। তেতিয়াৰ অসম বিধান সভাৰ সদস্য মহেন্দ্ৰ মোহন চৌধুৰীৰ সভাপতিত্বত চলচ্চিত্ৰখন নিৰ্মাণৰ বাবে গঠন কৰা হয় 'প্ৰাগজ্যোতি কলা মন্দিৰ'। সমবায় ভিত্তিত গঠিত এই অনুষ্ঠানটোৱে ৰাইজৰপৰা বৰঙনি তুলি 'লাচিত বৰফুকন' চলচ্চিত্ৰখন নিৰ্মাণ কৰে। ছবিখনৰ বেছিভাগ অংশই কলিকতাৰ নিচিয়ান ষ্টুডিঅ'ত ছেট সাজি নিৰ্মাণ কৰা হৈছিল। বহিৰ্দৃশ্যগ্ৰহণ কৰা হৈছিল কামাখ্যা, বশিষ্ঠাশ্ৰম, ব্ৰহ্মপুত্ৰ আৰু কলংপাৰত। নৌযুদ্ধৰ দৃশ্যগ্ৰহণ কৰা হৈছিল কলংপাৰত। চলচ্চিত্ৰ নিৰ্মাণ কাৰ্য্য চলি থকাৰ মাজতেই ষাঠী চনৰ ভাষা আন্দোলন আৰম্ভ হয়। বাংলা ভাষী আৰু অসমীয়া ভাষীৰ মাজত গঢ়ি উঠা বিদ্বেষৰ বাবে এই আন্দোলনৰ সময়ত বহুতো নিৰপৰাধ মানুহৰ মৃত্যু ঘটিছিল। পশ্চিমবংগ অসমীয়া মানুহৰ বাবে নিৰাপদ নোহোৱা হ'ল। এনে গণ্ডগোলৰ মাজতে 'লাচিত বৰফুকন'ৰ নিৰ্মাণৰ কাম চলি আছিল। পশ্চিমবংগ চৰকাৰে অসমীয়া কলা-কুশলীৰ বাবে পুলিচ পহৰাৰ ব্যৱস্থা কৰে। কিন্তু চলচ্চিত্ৰৰ কাম আধাতে বন্ধ কৰি সকলো কলা-কুশলী গুৱাহাটীলৈ উভতি আহে। নিৰপত্তাৰ কথা ভাবি ছবিখনত অভিনয় কৰা সূৰ্য্য বৰাৰ বাহিৰে বাকীখিনি মানুহ উৰাজাহাজেৰে অসমলৈ আহে। সূৰ্য্য বৰাই ৰেলেৰে উভতি আহি থাকোঁতে শিলিগুৰিত কোনোবা দুস্কৃতিকাৰীয়ে তেখেতক হত্যা কৰে। ন মাহ ধৰি ছবিখনৰ নিৰ্মাণৰ কাম বন্ধ হৈ থাকে। তাৰপাছত আকৌ কলিকতালৈ গৈ ছবিখনৰ নিৰ্মাণৰ কাম শেষ কৰা হয়। সূৰ্য্য বৰাৰ কেইটামান দৃশ্যৰ কাম বাকী আছিল। সেইখিনি কলিকতাৰ ষ্টুডিঅ'ৰ 'এক্সট্ৰা'ৰদ্বাৰা কেমেৰালৈ পিঠি দিয়াই দৃশ্য-গ্ৰহণ কৰা হয়। ছবিৰ কাহিনী স্বৰ্গদেউ জয়ধ্বজ সিংহই মোগলৰ সৈতে কৰা অপমানজনক সন্ধি পৰৱৰ্তী স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মানি নোলোৱাৰ বাবে মোগলৰ সৈতে আহোমৰ যি ৰণ হৈছিল, তাৰপৰাই ছবিৰ কাহিনীভাগ আৰম্ভ হৈছে। 'লাচিত বৰফুকন' অসম বুৰঞ্জীৰ এগৰাকী মহান বীৰ। তেখেতে মোগল সেনাৰ লগত যুঁজি গুৱাহাটী মোগলৰ অধীনলৈ যোৱাৰপৰা প্ৰতিহত কৰিছিল। লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়া সেনা আৰু ৰাম সিংহৰ নেতৃত্বত মোগল সেনাৰ মাজত লগা 'শৰাইঘাটৰ ৰণ' এই ৰণৰ অন্তিমখন যুদ্ধ আছিল। দেশপ্ৰমিক লাচিতৰ বীৰত্বৰ কাহিনীৰেই ছবিখন নিৰ্মাণ কৰা হয়। জয়ধ্বজ সিংহ স্বৰ্গদেৱে মোগলৰ লগত কৰা অপমানজনক সন্ধি পাছৰজনা ৰজা চক্ৰধ্বজ সিংহই মানি নোলোৱাত মোগলৰ লগত যি সংঘৰ্ষ ঘটিছিল তাৰ পৰাই ছবিখনৰ কাহিনী আৰম্ভ হৈছে। দিল্লীৰ বাদছাহ ঔৰংজেৱৰ অসম ৰজাৰ প্ৰতি অপমানজনক পত্ৰ প্ৰেৰণ, যুদ্ধৰ বাবে অসমৰ ৰাজধানীত প্ৰস্তুতি, লাচিতৰ বৰ সেনাপতিবৰণ, প্ৰথম যুদ্ধত অসমীয়াৰ কৃতকাৰ্যতা, ৰজা ৰামসিংহৰ নেতৃত্বত পুনৰ অসম আক্ৰমণ, শৰাইঘাটৰ যুদ্ধত মোগলৰ পৰাজয় আদি বুৰঞ্জীমূলক ঘটনাসমূহ লাচিত বৰফুকনৰ মৃত্যুলকৈ এই ছবিখনত কেউটা কাহিনীয়েই সামৰি লোৱা হৈছে। অভিনেতা/অভিনেত্ৰী সৰ্বেশ্বৰ চক্ৰৱৰ্তী (লাচিত বৰফুকন) ফণী শৰ্মা (ৰছিদ খাঁ সুৰেন্দ্ৰনাথ দাস (চক্ৰধ্বজ সিংহ) শৰৎচন্দ্ৰ বৰুৱা (আতন বুঢ়াগোঁহাই) জীৱেশ্বৰ চক্ৰৱৰ্তী (ৰাম সিংহ) প্ৰবীণ ফুকন ক্ষীৰদাকান্ত বিষয়া (ফিৰোজ খাঁ) তুলসী দাস- (এজন মোগল সেনপাতি) লক্ষ্যধৰ চৌধুৰী (দয়ানন্দ কটকী) অমেলন্দু চী মোৱাজ্জিন আলি হীৰেণ চৌধুৰী ইভা আচাও (বগী তৰা) বীণা দাস কুমাৰী কৃষ্ণা ৰেণু বৰঠাকুৰ হেমেন বৰুৱা যোগেন বৰকাকতী মায়া তামুলী কনক দাস পীৰবক্স হৰেন দাস দীন শৰ্মা গজেন দাস কৰুণা মহন্ত বীৰেশ্বৰ শৰ্মা সূৰ্য বৰা (চুড়ামণি দৈৱজ্ঞ) কলা-কুশলী প্ৰযোজনা আৰু পৰিবেশনা: গুৱাহাটীৰ 'প্ৰাগজ্যোতি কলা মন্দিৰ' পৰিচালনা: প্ৰবীণ ফুকন আৰু লক্ষ্যধৰ চৌধুৰী চিত্ৰনাট্য আৰু সংলাপ: প্ৰবীণ ফুকন আৰু লক্ষ্যধৰ চৌধুৰী কাৰিকৰী নিৰ্দেশনা: নিপ বৰুৱা চিত্ৰগ্ৰহণ: নলীন দুৱৰা সংগীত: ব্ৰজেন বৰুৱা আৰু ক্ষীৰদাকান্ত বিষয়া নৃত্য পৰিচালনা: চাৰু বৰদলৈ কলা নিৰ্দেশনা: যুগল দাস ৰূপসজ্জা: দেবী হালদাৰ শব্দ গ্ৰহণ: বাণী দত্ত, ইন্দু অধিকাৰী সম্পদনা: সবোধ ৰয়, গংগা নস্কৰ সংগীত চলচ্চিত্ৰ খনৰ সংগীত পৰিচালনা আছিল ব্ৰজেন বৰুৱা আৰু ক্ষীৰদাকান্ত বিষয়াৰ। ছবিখনৰ মুঠ পাঁচটা গান আছিল। কণ্ঠদান কৰিছিল, লক্ষহীৰা দাস, দীপালী বৰঠাকুৰ, নিৰ্মলা মিশ্ৰ, শংকৰ দাস, ৰেণু বৰঠাকুৰ, ৰমেন বৰুৱা আৰু কুমাৰী কৃষ্ণা। গীতিকাৰ সকল আছিল আনন্দিৰাম দাস, ক্ষীৰদাকান্ত বিষয়া, লক্ষহীৰা দাস আৰু নিৰ্মলপ্ৰভা বৰদলৈ। ছবিখনৰ গানৰ ৰেকৰ্ড উলিওৱা হৈছিল আৰু গান কেইটা শ্ৰোতৰ মাজত জনপ্ৰিয় হৈছিল। এই ছবিৰে ক্ষীৰদাকান্ত বিষয়াৰ দ্বাৰা ৰছিত যৌৱনে আমনি কৰে শীৰ্ষক গানটোৰ শিৰোনামৰে ১৯৯৮ নিৰ্মিত হয় অশোক কুমাৰ বিষয়াৰ 'যৌৱনে আমনি কৰে' নামৰ বোলছবিখন। গানতো নতুন ছবিখনৰ বাবে আকৌ ৰেকৰ্ডিং কৰি ব্যৱহাৰ কৰা হৈছিল। ওপজা সোণৰ মাটি অ' মৰো মই তোকে সাৱটি (কথা: আনন্দিৰাম দাস, কণ্ঠ: লক্ষহীৰা দাস, নিৰ্মলা মিশ্ৰ, দীপালী বৰঠাকুৰ, কুমাৰী কৃষ্ণা আৰু ৰেণু বৰঠাকুৰ)এই মাটিতে মৰোঁ যদি (কথা: লক্ষহীৰা দাস, কণ্ঠ: ৰমেন বৰুৱা, শংকৰ দাস, দীপালী বৰঠাকুৰ আৰু লক্ষহীৰা দাস)আবেগৰ বোকোচা বব মই নোৱাৰো যৌৱনে আমনি কৰে (কথা আৰু সুৰ: ক্ষীৰদাকান্ত বিষয়া, কণ্ঠ: দীপালী বৰঠাকুৰ)কালৰ বুকুত নুমাল যদি জীৱনৰ চাকি (কথা: নিৰ্মলপ্ৰভা বৰদলৈ)জোনে হঁহা আকাশত মেঘৰ ধেমালি (কথা: ক্ষীৰদাকান্ত বিষয়া)'' তথ্য উৎস অসমীয়া চলচ্চিত্ৰ ১৯৬০ দশকৰ অসমীয়া
76353
https://as.wikipedia.org/wiki/%E0%A6%87%E0%A6%89%E0%A6%A8%E0%A7%81%E0%A6%9B%20%28%E0%A6%9B%E0%A7%82%E0%A7%B0%E0%A6%BE%29
ইউনুছ (ছূৰা)
ইউনুছ "জোনাছ" বা "যোনা" ৰ আৰবী সমাৰ্থক শব্দ), কোৰআনৰ দশম অধ্যায় (ছূৰা), ইয়াৰ ১০৯টা শ্লোক (আয়ত) আছে। ইউনুছৰ নাম ভৱিষ্যতবক্তা ইউনুছ (যোনা)ৰ নামেৰে ৰখা হৈছে। তাফছিৰ কালক্ৰম (আচবাব আল-নুজুল) অনুসৰি, ইছলামী ভৱিষ্যতবক্তা মুহাম্মাদ আৰু তেওঁৰ অনুগামীসকলৰ মক্কাৰ পৰা মদিনালৈ (হিজৰা) প্ৰব্ৰজনৰ আগতে এইটো প্ৰকাশ পাইছিল বুলি ধাৰণা কৰা হয়, সেয়েহে ইয়াক মক্কান ছূৰা বুলি জনা যায়। ছূৰা ইউনুছ হৈছে ছয়টা ছূৰাৰ ভিতৰত প্ৰথম যি ত্ৰি-আখৰ আলিফ,লাম আৰু ৰ'ৰ সৈতে আৰম্ভ হয়। সাৰাংশ ছূৰাটোৰ প্ৰাৰম্ভিক আয়াতসমূহে (১-৭০) ইছলাম আৰু ইয়াৰ অবিশ্বাসীসকলৰ মাজত এক তৰ্কমূলক সংলাপ উপস্থাপন কৰিছে। বাকী থকা আয়াতবোৰত নুহ, মুছা আৰু যোনাৰ কাহিনী আছে, যিসকলক ইছলামত ভৱিষ্যতবক্তা বুলি গণ্য কৰা হৈছিল। এই অধ্যায়ত কোৰআনৰ বিৰুদ্ধে মক্কান পৌত্তলিকসকলৰ আপত্তি উপস্থাপন কৰা হৈছে আৰু তেওঁলোকক সঁহাৰি দিয়া হৈছে। পৌত্তলিকসকলে কৈছিল যে মুহাম্মাদ এজন "প্ৰকট যাদুকৰ" আছিল আৰু তেওঁ কোৰআন তৈয়াৰ কৰিছিল। তেওঁলোকে মুহাম্মাদক প্ৰত্যাহ্বান জনাইছিল যে যদি তেওঁৰ দাবী সঁচা হয় তেন্তে তেওঁলোকক তাৎক্ষণিকভাৱে ঈশ্বৰৰ শাস্তি আনিব। তেওঁলোকে এইটোও দাবী কৰিছিল যে মুহাম্মাদে কোৰআন সলনি কৰিব যাতে তেওঁলোকৰ মূৰ্তিপূজা আৰু ঈশ্বৰৰ উপাসনা কৰোঁতে মধ্যস্থতাকাৰী ব্যৱহাৰ কৰাৰ প্ৰথাক আৰু নিন্দা নকৰে। এই আপত্তিবোৰৰ প্ৰতি অধ্যায়টোৰ সঁহাৰি হৈছে "তৰ্ক, ভাবুকি, প্ৰতিশ্ৰুতি আৰু নিন্দা"ৰ মিশ্ৰণ। ই কোৰআনৰ ঐশ্বৰিক উৎপত্তি ৰক্ষা কৰে, মুহাম্মাদৰ মনগড়া নহয়, আৰু কয় যে মুহাম্মাদে বিচাৰিলেও ইয়াক সলনি কৰিব নোৱাৰে। ঈশ্বৰৰ শাস্তি কঢ়িয়াই অনাৰ প্ৰত্যাহ্বানৰ বিষয়ে অধ্যায়টোত কোৱা হৈছে যে ঈশ্বৰে বিচাৰিলে এই পৃথিৱীত শাস্তি স্থগিত ৰাখিব পাৰে। ইয়াৰ উপৰিও অতীতত অবিশ্বাসী সকলৰ বিৰুদ্ধে হোৱা শাস্তিৰ বিষয়ে ও কোৱা হৈছে, যেনে নূহ আৰু মুছাৰ লোকসকল। ইয়াত কোৱা হৈছে যে যদি পৌত্তলিকসকলে বিশ্বাস কৰাৰ আগতে শাস্তিৰ বাবে অপেক্ষা কৰিছিল, তেন্তে মুছাৰ ফাৰোৰ দৰে বহুত পলম হ'ব। কোৰআন অনুসৰি, ফাৰোৱে ডুব যোৱাৰ ঠিক আগতে কেৱল ঈশ্বৰত বিশ্বাস কৰিছিল, আৰু সেই বিশ্বাস বহুপলম হৈছিল আৰু তেওঁক লাভান্বিত কৰা নাছিল। এই অধ্যায়ত যোনাৰ লোকসকলৰ বিষয়েও উল্লেখ কৰা হৈছে, যিসকলে প্ৰথমে যোনাৰ বাৰ্ত্তাক অস্বীকাৰ কৰিছিল, কিন্তু তাৰ পিছত অনুতাপ কৰিছিল আৰু বিশ্বাস কৰিছিল। সেয়েহে নূহ আৰু মুছাৰ লোকসকলৰ বিপৰীতে তেওঁলোকক ঈশ্বৰৰ শাস্তিৰ পৰা আঁতৰাই ৰখা হৈছিল। ৯৮ পদত যোনাৰ উল্লেখে অধ্যায়টোক ইয়াৰ নাম দিছে। অধ্যায়টোৱে তেতিয়া মুহাম্মাদক নিৰ্দেশ দিয়ে যে তেওঁৰ ওচৰত প্ৰকাশিত সত্যৰ বিষয়ে তেওঁৰ কোনো সন্দেহ আছে নেকি, তেওঁ কিতাপখনৰ আন লোকসকলক (অৰ্থাৎ ইহুদী আৰু খ্ৰীষ্টানসকলক) সুধিব পাৰে যিসকলে অতীতৰ এই লোকসকলৰ বিষয়ে কোৰআনৰ বিৱৰণ নিশ্চিত কৰিব পাৰিব। প্ৰকাশ ইছলামিক পৰম্পৰা অনুসৰি, এই অধ্যায়টো মুখ্যতঃ মুহাম্মাদৰ ভৱিষ্যতবক্তাত্বৰ মক্কান পৰ্যায়ত (৬১০-৬২২) প্ৰকাশিত হয় (মদিনালৈ যোৱাৰ আগতে), সেয়েহে, ই এটা মক্কান ছূৰা। ইয়াৰ প্ৰসংগৰ ওপৰত আধাৰিত কৰি, কিছুমান শ্লোক বা আয়াত আজিলৈকে দেখা গৈছিল যেতিয়া মুহাম্মাদে ইছলামলৈ তেওঁৰ আহ্বান আৰম্ভ কৰিছিল। পঞ্চদশ শতিকাৰ ভাষ্য তাফিৰ আল-জালালাইনৰ মতে, কিছুমানে কৈছিল যে মুহাম্মাদৰ নিশাৰ যাত্ৰাৰ (গ.৬২১) কিছু সময়পিছত ছূৰা প্ৰকাশ কৰা হৈছিল। আয়াত ৪০ আৰু ৯৪-৯৬ এক ব্যতিক্ৰম যেন লাগিছিল আৰু মদিনাত প্ৰকাশিত হৈছিল। বিষয়টোৰ সামঞ্জস্যই স্পষ্টভাৱে দেখুৱায় যে ইয়াত বিভিন্ন সময়ত বা বিভিন্ন অনুষ্ঠানত উন্মোচিত হোৱা পৃথক শাখা বা আলোচনা নাই। প্ৰকৃততে, এইটো আৰম্ভণিৰ পৰা শেষলৈকে, এক দৃঢ়ভাৱে সম্পৰ্কিত কথা যিটো এটা বৈঠকত অনাবৃত নোহোৱাতকৈ অধিক সম্ভাৱনা আছে। ইয়াৰ বাহিৰে, ইয়াৰ বিষয়টোৰ প্ৰকৃতি নিজেই এক যুক্তিসঙ্গত নিশ্চিতি যে সুৰাৰ মাক্কান সময়সীমাৰ সৈতে এটা স্থান আছে। ইয়াৰ প্ৰকাশৰ সময়লৈকে আমাৰ কোনো পৰম্পৰা নাই, তথাপিও ইয়াৰ বিষয়টোৱে এটা স্পষ্ট লক্ষণ প্ৰদান কৰে যে মক্কাত মুহাম্মাদৰ বাসৰ অন্তিম পৰ্যায়ত ইয়াক সম্ভৱতঃ উন্মোচিত কৰা হৈছিল। কিয়নো আলোচনাৰ পদ্ধতিটোৱে পৰামৰ্শ দিয়ে যে ইয়াৰ প্ৰকাশৰ সময়ত, বাৰ্তাৰ প্ৰতিদ্বন্দ্বীসকলৰ শত্ৰুতা ইমানেই ব্যতিক্ৰমী হৈ পৰিছিল যে তেওঁলোকে মুহাম্মাদ আৰু তেওঁৰ সমৰ্থকসকলৰ মাজত থকা নিকটতাও সহ্য কৰিব নোৱাৰিলে, আৰু ইয়াৰ ফলত তেওঁলোকে কেতিয়াও মুহাম্মাদৰ বাৰ্তাবুজিব আৰু স্বীকাৰ কৰিব নোৱাৰিলে। এইটোৱে দেখুৱায় যে এই ছূৰাৰ দৰে শেষ উপদেশটো দিব লাগিছিল। আলোচনাৰ এই গুণবোৰ স্পষ্ট নিশ্চিতি যে মক্কাত আন্দোলনৰ অন্তিম পৰ্যায়ত ইয়াক উন্মোচিত কৰা হৈছিল। মক্কাৰ অন্তিম পৰ্যায়ৰ ছূৰাবোৰৰ বাবে অধিক স্পষ্টভাৱে সিদ্ধান্ত লোৱা আন কিবা হৈছে মক্কাৰ পৰা হিজৰাত (প্ৰব্ৰজন) সম্পৰ্কে কিছু মুকলি বা অজ্ঞাত অন্তৰ্দৃষ্টিৰ জাননী (বা উপস্থিত নোহোৱা)। যিহেতু এই ছূৰাত এই বিষয়ে কোনো সূত্ৰ নাই, ই এক প্ৰমাণ যে ইয়াক সেই ছূৰাবোৰৰ আগত প্ৰকাশ কৰা হৈছিল য'ত ইয়াক আছে। নাম এই অধ্যায়টো ইছলামী পৰম্পৰাত ইউনুছ নামেৰে জনাজাত যোহানৰ নামেৰে নামকৰণ কৰা হৈছে, যাক ৯৮ পদত উল্লেখ কৰা হৈছে। অধ্যায়টো তেওঁৰ নামেৰে নামকৰণ কৰা স্বত্বেও, এই শ্লোকটো সেই একমাত্ৰ (১০৯ ৰ ভিতৰত) য'ত অধ্যায়টোত তেওঁক উল্লেখ কৰা হৈছে। কোৰআনত এইটো অস্বাভাৱিক নহয়, এটা অধ্যায়ৰ নাম সাধাৰণতে ইয়াত থকা এটা বিশিষ্ট বা অস্বাভাৱিক শব্দৰ পৰা লোৱা হয়, যি ইয়াৰ বিষয়বস্তুৰ সৈতে সম্পৰ্কিত হ'ব পাৰে বা নহ'বও পাৰে। মুখ্য বিষয়সমূহ প্ৰথম আয়াত সঠিক পথৰ প্ৰতি শুভেচ্ছা অন্তৰ্ভুক্ত থাকে যিসকলে ইয়াৰ বিষয়ে চিন্তা কৰি আছিল তেওঁলোকৰ ওচৰলৈ এক অদ্ভুত কথা আছে যিটো এজন ব্যক্তিয়ে (মুহাম্মাদ) আল্লাহৰ বাৰ্তাটো উপস্থাপন কৰি আছিল। তেওঁলোকে মুহাম্মাদৰ ওপৰত যাদুবিদ্যাৰ অভিযোগ আনিছিল, যদিও ইয়াত কোনো আচহুৱা কথা নাই বা তেওঁলোকক যাদু বা সূথকোৱাৰ সৈতে কোনো সম্পৰ্ক নাই। মুহাম্মাদ মাত্ৰ শিক্ষিত মানৱতা এই দুটা বাস্তৱ: আল্লাহ, বিশ্বব্ৰহ্মাণ্ড কোনে নিৰ্মাণ কৰিছে, সঁচাকৈয়ে আপোনাৰ ৰব, আৰু তেওঁ অকলে পূজা কৰাৰ বাবে যোগ্য। এই মুহূৰ্তত জীৱনৰ পিছত, নিম্নলিখিত দৃশ্যটোত আন এটা জীৱন হ'ব, য'ত আপুনি এই বৰ্তমান পৃথিৱীৰ জীৱনৰ সম্পূৰ্ণ অভিলেখ গঢ়িব লাগিব। আপুনি তেওঁক আপোনাৰ ৰব বুলি স্বীকৃতি দিয়াৰ পৰিপ্ৰেক্ষিতত আল্লাই প্ৰয়োজনীয় ধাৰ্ম্মিক মনোভাৱ গ্ৰহণ কৰে নে তেওঁৰ আজ্ঞাৰ বিৰুদ্ধে কাম কৰে তাৰ দ্বাৰা আপোনাক ক্ষতিপূৰণ বা প্ৰত্যাখ্যান কৰা হ'ব। এই দুয়োটা বাস্তৱতা নিজৰ মাজত প্ৰকৃত কাৰক হ'ব, আপুনি সেই ক্ষমতাত সেইবোৰ চিনাক্ত কৰক বা নহওক। আপুনি এইবোৰ স্বীকাৰ কৰাৰ সম্ভাৱনাৰ ওপৰত, আপোনাৰ এক অত্যন্ত সন্মানীয় সমাপ্তি হ'ব; অন্যথা আপুনি আপোনাৰ অপৰাধৰ চতুৰ ফলাফলবোৰ পূৰণ কৰিব। ছূৰাত থকা গুৰুত্বপূৰ্ণ বিষয়, ঐশ্বৰিক নিয়ম আৰু নিৰ্দেশনাবোৰ নিম্নলিখিত ধৰণে তালিকাভুক্ত কৰিব পাৰি:- আল্লাহ হ'ল এই বিশ্বব্ৰহ্মাণ্ডৰ একমাত্ৰ সৃষ্টিকৰ্তা। আল্লাহৰ বাহিৰে মুশ্ৰিকৰ দ্বাৰা উপাসনা কৰা দেৱতাসকলৰ কাকো লাভ বা দুষ্টকৰাৰ কোনো ক্ষমতা নাই। আল্লাহৰ বাহিৰে আন দেৱতাসকলে কোনো ক্ষেত্ৰতে মনত নাৰাখে যে তেওঁলোকক উপাসনা কৰা হৈছে। আল্লাহই প্ৰতিটো জাতিলৈ নিৰ্দেশনাৰ বাবে এটা ৰাছুল পঠিয়াইছিল। আল-কোৰআনে মানৱজাতিৰ সকলো সমস্যাৰ সমাধান দিয়ে. মুশ্ৰিকিনে কেৱল অনুমান অনুসৰণ কৰে আৰু নবীৰ কাহিনী নুহ আৰু তেওঁৰ আত্মীয়। পয়গম্বৰৰ কাহিনী মুছা, ফিৰ'আন, আৰু তেওঁৰ মুৰব্বীসকল। এই দুৰ্যোগ দেখি বিশ্বাস কৰাটোৱে পয়গম্বৰৰ লোকসকলৰ পৰা কোনো জাতিক লাভ কৰা নাছিল ইউনুছ। যিকোনো লোকক ইছলামলৈ পৰিৱৰ্তন কৰিবলৈ বাধ্য কৰাৰ বিৰুদ্ধে ফৰ্বিডডান্স। এক্সেজেচিছ আয়াত ১০:২৫ কোৰআন অনুসৰি আদৰ্শ সমাজ হৈছে দাৰ আচ-ছালাম, আক্ষৰিক ভাৱে, "শান্তিৰ ঘৰ", যাৰ বিষয়ে ই উল্লেখ কৰে: আৰু আল্লাহই 'শান্তিৰ বাসস্থান'লৈ আমন্ত্ৰণ জনায় আৰু তেওঁ যাক সঠিক পথত বিচাৰে তেওঁক পথ প্ৰদৰ্শন কৰে। আয়াত ১০:১০১ এইটো বৰ্ণনা কৰা হৈছে যে যেতিয়া জাফাৰ আল-ছাদিকক [১০:১০১] পদৰ বিষয়ে সোধা হৈছিল: অবিশ্বাসী লোকসকলৰ বাবে চিহ্ন আৰু সতৰ্কবাণীৰ কোনো লাভ হোৱা নাই, তেওঁ উত্তৰ দিছিল যে চিহ্নবোৰ হৈছে ইমাম আৰু সতৰ্কবাণীবোৰ হৈছে নবীসকল। গ্ৰন্থপঞ্জী বাহ্যিক সংযোগসমূহ কোৰআন-১০:৩৮, ৫০+ অনুবাদ, কোৰআন ১০ প্ৰসংগসমূহ আল-কোৰআনৰ ছূৰাসমূহ ছূৰা ইছলাম ধৰ্ম
49023
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A7%87%E0%A6%82%E0%A6%95%E0%A6%9F%E0%A7%B0%E0%A6%AE%E0%A6%A3%20%E0%A7%B0%E0%A6%BE%E0%A6%AE%E0%A6%BE%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A6%A3
ভেংকটৰমণ ৰামাকৃষ্ণণ
ভেংকটৰমণ "ভেংকি" ৰামাকৃষ্ণণ জন্ম: ১৯৫২) ভাৰতীয় বংশোদ্ভূত এগৰাকী আমেৰিকান তথা ব্ৰিটিছ গাঠনিক জীৱবিজ্ঞানী। ২০১৫ বৰ্ষৰ নৱেম্বৰ মাহত ভেংকি ৰামাকৃষ্ণণ ৰয়েল ছ'ছাইটিৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। "ৰাইব'জ'মৰ গঠন আৰু কাৰ্যৰ অধ্যয়নৰ বাবে" ২০০৯ চনত থমাছ এ. ষ্টীটজ্ আৰু আডা য'নাটৰ সৈতে ভেংকি ৰামাকৃষ্ণণক যুটীয়াভাবে ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়। ১৯৯৯ চনৰ পৰা ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ কেমব্ৰিজ বায়’মে’ডিকেল কেম্পাছত অৱস্থিত মে'ডিকেল ৰিচাৰ্ছ কাউঞ্চিল লেবৰেট'ৰি অৱ মলিকিউলাৰ বায়'ল'জি ত গোটৰ লীডাৰ হিচাপে ভেংকি ৰামাকৃষ্ণণে কাম কৰি আহিছে। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা তামিলনাডুৰ কাদ্দালোৰ জিলাৰ চিদাম্বৰম নামে ঠাইত এটা তামিল হিন্দু পৰিয়ালত ভেংকি ৰামাকৃষ্ণণৰ জন্ম হৈছিল। ভেংকি ৰামাকৃষ্ণণৰ পিতৃ চি. ভি. ৰামাকৃষ্ণণ আছিল বৰোদাৰ মহাৰাজা ছয়াজীৰাৱ বিশ্ববিদ্যালয়ত জৈৱ ৰসায়ন বিভাগৰ মুৰব্বী অধ্যাপক আৰু মাতৃ ৰাজলক্ষ্মী ৰামাকৃষ্ণণো আছিল এগৰাকী বিজ্ঞানী। ভেংকি ৰামাকৃষ্ণণৰ সৰু ভনীয়েক ললিতা ৰামাকৃষ্ণণ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞান বিভাগত ইমিউনল'জি আৰু সংক্ৰমিত ৰোগৰ প্ৰাধ্যাপক আৰু ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সদস্য। তিনি বছৰ বয়সত ভেংকি ৰামাকৃষ্ণণে পৰিয়ালৰ সৈতে গুজৰাটৰ বৰোদালৈ (বৰ্তমানৰ বদোদৰা) আহে আৰু ইয়াতেই প্ৰাৰম্ভিক শিক্ষা জীৱনৰ পাতনি মেলে। ১৯৭১ চনত ভেংকটৰমণে বৰোদাৰ মহাৰাজা ছয়াজীৰাৱ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছতেই ভেংকটৰমণে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় আৰু ১৯৭৬ চনত অহিঅ’ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ট’ম'য়াচু টানাকাৰ নিৰীক্ষণত পি এইচ ডি লাভ কৰে। ইয়াৰ পাছত ভেংকটৰমণে কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়, ছান ডিয়েগ’ত স্নাতক ছাত্ৰ হিচাপে দুবছৰ জীৱবিজ্ঞান অধ্যয়ন কৰি কটাইছিল। জীৱিকা আৰু গৱেষণা য়েল বিশ্ববিদ্যালয়ত প'ষ্ট-ডক্ট'ৰেল ফেল’ হিচাপে ভেংকি ৰামাকৃষ্ণণে পীটাৰ মূৰৰ সৈতে ৰাইব'জ'মৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰে। প'ষ্ট-ডক্ট’ৰেট কৰাৰ পাছত প্ৰথমাৱস্থাত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত ৫০ খন বিশ্ববিদ্যালয়ত আৱেদন দিয়া সত্বেও ফেকাল্টি স্থান এটা যোগাৰ কৰিব পৰা নাছিল। ১৯৮৩-৯৫ চনৰ পৰা ব্ৰুকহাভেন ৰাষ্ট্ৰীয় গৱেষণাগাৰত এজন বিজ্ঞানী হিচাপে ৰামাকৃষ্ণণে ৰাইব'জ'মৰ ওপৰত কাম অব্যাহত ৰাখে। ১৯৯৫ চনত তেওঁ উটাহ বিশ্ববিদ্যালয়লৈ গৈ তাত জৈৱ ৰসায়নৰ প্ৰাধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু ১৯৯৯ চনৰ পৰা ইংলেণ্ডৰ মে'ডিকেল ৰিচাৰ্ছ কাউঞ্চিল লেবৰেট'ৰি অৱ মলিকিউলাৰ বায়'ল'জিত গোটৰ লীডাৰ হিচাপে কাম কৰি আহিছে। ১৯৯৯ চনত ৰামাকৃষ্ণণৰ গৱেষণাগাৰত ৰাইব'জ'মৰ ৩০এছ উপএককৰ এটা ৫.৫ আংষ্ট্ৰম ৰে'য'লূশ্ব'নৰ গঠন প্ৰকাশ কৰা হৈছে। তাৰ পাছৰ বছৰত, তেওঁৰ গৱেষণাগাৰত ৰাইব'জ'মৰ ৩০এছ উপএককৰ সম্পূৰ্ণ আণৱিক গঠন আৰু কিছুসংখ্যক প্ৰতিজৈৱিকৰ সৈতে ইয়াৰ সংমিশ্ৰণ নিৰ্ণয় কৰা হয়। ২০০৭ চনত তেওঁৰ গৱেষণাগাৰত পৰিবাহী ৰাইব'নিউক্লিক এচিড আৰু বাৰ্তাবাহী ৰাইব'নিউক্লিক এচিডৰ লিগাণ্ডসমূহৰ সৈতে সম্পূৰ্ণ ৰাইব'জ'মৰ পাৰমাণৱিক গঠন জটিলতাৰে নিৰ্ধাৰণ কৰা হৈছিল। নতুন ৰাইব'জ'মৰ গঠন নিৰ্ণয় কৰিবলৈ ২০১৩ চনৰ পৰা ৰামাকৃষ্ণণে প্ৰাথমিকভাবে ক্ৰায়'-বিদ্যুৎচুম্বকীয় তৰংগ ব্যৱহাৰ কৰিছে। উল্লেখযোগ্য যে হিষ্ট'ন আৰু ক্ৰ'মেটিনৰ গঠন সম্পৰ্কীয় গৱেষণাৰ বাবেও ভেংকি ৰামাকৃষ্ণণ জনাজাত। স্ক'পাছৰ মতে ২০১৫ চনলৈ ৰামাকৃষ্ণণৰ আটাইতকৈ উদ্ধৃত গৱেষণা পত্ৰসমূহ নেচাৰ, ছায়েন্স আৰু চেল জাৰ্ণেলত প্ৰকাশ হৈছে। বঁটা আৰু সন্মান ২০০২ চনত ইউৰোপীয়ান মলিকিউলাৰ বায়'ল'জি অগেনাইযেশ্বনৰ সদস্য, ২০০৩ চনত ৰয়েল ছ'ছাইটিৰ সদস্য আৰু ২০০৪ চনত ইউ.এছ. নেচনেল একাডেমী অৱ ছায়েন্সেছৰ সদস্য হিচাপে ভেংকি ৰামাকৃষ্ণণ নিৰ্বাচিত হয়। ২০০৭ চনত ৰামাকৃষ্ণণক চিকিৎসা বিজ্ঞানৰ লুইছ-জীনটেট বঁটা, দত্ত লে'কচাৰশ্বিপ আৰু ফেডাৰেচন অৱ ইউৰোপীয়ান বায়'কেমিকেল ছ'ছাইটিজৰ মেডেল প্ৰদান কৰা হয়। ২০০৮ চনত ৰামাকৃষ্ণণে ব্ৰিটিছ বায়'কেমিকেল ছ'ছাইটিৰ ‘হীটলী মেডেল’ লাভ কৰে। ২০০৮ চনৰ পৰা ৰামাকৃষ্ণণ কেমব্ৰিজৰ ট্ৰিনিটি কলেজৰ অধিসদস্য আৰু ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ বিদেশী অধিসদস্য। ২০১০ চনত একাডেমী অৱ মেডিকেল ছায়েন্সেছৰ এজন সন্মানীয় অধিসদস্য হিচাপে ৰামাকৃষ্ণণ নিৰ্বাচিত হয় আৰু বৰোদাৰ মহাৰাজা ছয়াজীৰাৱ বিশ্ববিদ্যালয়কে ধৰি উটাহ বিশ্ববিদ্যালয় আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডিগ্ৰী লাভ কৰে। ইয়াৰোপৰি অ'ক্সফ'ৰ্ডৰ ছ'মাৰভিল কলেজৰ এজন সন্মানীয় অধিসদস্য হিচাপেও ৰামাকৃষ্ণণ নিৰ্বাচিত হৈছে। ২০০৯ চনত থ'মাছ এ. ষ্টীটজ্ আৰু আডা য'নাটৰ সৈতে ভেংকি ৰামাকৃষ্ণণক ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়। ২০১০ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণৰে ৰামাকৃষ্ণণক সন্মানিত কৰা হয়। আণৱিক জীৱবিজ্ঞানলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ বাবে ২০১২ নিউ ইয়েৰ অনাৰ্চত ভেংকি ৰামাকৃষ্ণণলৈ ‘নাইট’ উপাধি প্ৰদান কৰা হৈছিল। সেই একেটা বছৰতে তেওঁক ফেডাৰেচন অৱ ইউৰোপীয়ান বায়'কেমিকেল ছ'ছাইটিজে ‘ছাৰ হানছ্ ক্ৰেবছ্’ মেডেল প্ৰদান কৰে। ২০১৪ চনত তেওঁক স্পেইনৰ ফাণ্ডাচিয়ন কনচিটা ৰাবাগোয়ে ৪৬ সংখ্যক জিমিনেজ-ডায়াজ বঁটা প্ৰদান কৰে। ২০১৩ চনৰ ১৪ ডিচেম্বৰত ভাৰতৰ এনডিটিভি চেনেলটোৱে ২৫ জন মহান গোলকীয় জীৱিত ভাৰতীয় ব্যক্তিৰ তালিকাত ভেংকি ৰামাকৃষ্ণণৰ নামো অন্তৰ্ভুক্ত কৰিছে। ভেংকি ৰামাকৃষ্ণণৰ ৰয়েল ছ'ছাইটিত নিৰ্বাচনৰ প্ৰমাণ পত্ৰত এইদৰে উল্লেখ আছে: ব্যক্তিগত জীৱন ১৯৭৫ চনত ৰামাকৃষ্ণণ এগৰাকী লেখক তথা শিশু গ্ৰন্থৰ চিত্ৰকৰ ভেৰা ৰজেনবেৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ভেংকটৰমণৰ সতীয়া কন্যা টানিয়া কাপকা অৰেগনত এগৰাকী চিকিৎসক আৰু পুত্ৰ ৰমণ ৰামাকৃষ্ণণ নিউ ইয়ৰ্কত এজন বেহেলাবাদক। সাহিত্যকৃতি তথ্য সূত্ৰ বাহ্যিক লিংক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি ভাৰতীয় মূলৰ আমেৰিকান জীৱিত ব্যক্তি গাঠনিক জীৱবিজ্ঞানী জৈৱ ৰসায়নবিদ জৈৱ পদাৰ্থ বিজ্ঞানী ৰয়েল ছ'ছাইটিৰ সভাপতি ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা পদ্মবিভূষণ বঁটা
98475
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%8B%E0%A6%AE%E0%A6%A8%E0%A6%BE%E0%A6%A5%20%E0%A6%B6%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE
সোমনাথ শৰ্মা
সোমনাথ শৰ্মা এগৰাকী ভাৰতীয় সেনাৰ বিষয়া আছিল। তেওঁকেই প্ৰথম ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰ মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল। ১৯৪২ চনত শৰ্মাক ১৯ নং হায়দৰাবাদ ৰেজিমেণ্টৰ অষ্টম বেটেলিয়নত নিযুক্তি দিয়া হৈছিল। দ্বিতীয় বিশ্বযুদ্ধত আৰাকান অভিযানত তেওঁ বাৰ্মাত সেৱা আগবঢ়াইছিল, যাৰবাবে তেওঁৰ নাম ডেচপেচত উল্লেখ কৰা হৈছিল। ১৯৪৭-১৯৪৮ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধত তেওঁ কৰ্তব্য পালন কৰি থকা সময়তে; ১৯৪৭ চনৰ ৩ নৱেম্বৰত শ্ৰীনগৰ বিমান বন্দৰৰ ওচৰত পাকিস্তানী অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱাৰ সময়তে তেওঁ নিহত হয়। বদগাম যুদ্ধৰ সময়ত তেওঁৰ বীৰত্ব আৰু ত্যাগৰ বাবে তেওঁক মৰণোত্তৰভাৱে “পৰমবীৰ চক্ৰ’’ৰে সন্মানিত কৰা হয়। প্ৰাথমিক জীৱন আৰু শিক্ষা সোমনাথ শৰ্মাৰ ডোগ্ৰাৰ এক ব্ৰাহ্মণ পৰিয়ালত জন্ম হয়। ১৯২৩ চনৰ ৩১ জানুৱাৰীত পঞ্জাৱৰ কাংৰাৰ দাধত জন্মগ্ৰহণ কৰা শৰ্মাৰ পিতৃৰ নাম আছিল অমৰনাথ শৰ্মা। অমৰনাথ শৰ্মা এগৰাকী মিলিটাৰী বিষয়া আছিল। সোমনাথ শৰ্মাৰ কেইবাজনো ভাই-ভনীয়ে সেনাবাহিনীত সেৱা আগবঢ়াইছিল। ভাতৃ লেফটেনেণ্ট জেনেৰেল সুৰিন্দ্ৰনাথ শৰ্মা অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা, তেওঁৰ কনিষ্ঠ ভাতৃ বিশ্বনাথ শৰ্মা, পৰৱৰ্তী কালত ১৯৮৮-৯০ৰ সময়ছোৱাত ভাৰতীয় সেনা বাহিনীত ১৪নং সেনাধ্যক্ষ হ’ব পাৰিছিল। তেওঁৰ ভনীয়েক কমলা তিৱাৰী সেনাবাহিনীৰ মেডিকেল অফিচাৰ, আৰু দ্বিতীয়গৰাকী ভনী মনোৰমা শৰ্মা এগৰাকী শিক্ষাবিদ আৰু সমাজকৰ্মী আছিল। সোমনাথ শৰ্মাই ডেৰাডুনৰ “প্ৰিন্স অৱ ৱেলছ্ ৰয়েল মিলিটেৰী কলেজ"ত নামভৰ্তি কৰাৰ পূৰ্বে নাইনিতালৰ শ্বেৰউড কলেজত স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল। পিছলৈ তেওঁ চেণ্ডহাৰ্ষ্টৰ ৰয়েল মিলিটেৰী কলেজত অধ্যয়ন কৰে। শৈশৱত সোমনাথ শৰ্মা ককাদেউতাকে শুনোৱা ভাগৱতৰ কৃষ্ণ আৰু অৰ্জুনৰ চৰিত্ৰৰ দ্বাৰা প্ৰভাৱিত হৈছিল। সামৰিক জীৱন ১৯৪২ চনৰ ২২ ফেব্ৰুাৱৰীত “ৰয়েল মিলিটাৰী কলেজ’’ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত সোমনাথ শৰ্মাক বৃটিছ ভাৰতীয় সেনাবহিনীৰ নৱম বেটেলিয়ন ১৯ নং ৩৪ হায়দৰাবাদ ৰেজিমেণ্টত নিযুক্তি দিয়া হয়(পিছলৈ ভাৰতীয় সেনাৰ ৪ৰ্থ বেটেলিয়ন, কুমাওন ৰেজিমেণ্টলৈ পৰিণত হয়)। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ আৰাকান অভিযানৰ সময়ত বাৰ্মাত জাপানীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা দেখিছিল। সেই সময়ত তেওঁ কৰ্ণেল কে, এছ, থিম্মাইয়াৰ নিৰ্দেশত কাম কৰিছিল, যিজন পিছলৈ ১৯৫৭ চনত সেনাৰ জেনেৰেল আৰু ১৯৬১ চনত সেনাবাহিনীৰ মুখ্য বিষয়া হৈছিল। আৰাকান যুদ্ধত তেওঁৰ অংশগ্ৰহণৰ কথা শৰ্মাৰ আদেশপত্ৰত উল্লেখ কৰিছিল আৰু তেওঁৰ বঁটাৰ কথা ১৯৪৬ চনৰ চৰকাৰী আদেশ পত্ৰত উল্লেখ কৰা হৈছিল। সামৰিক জীৱনত সোমনাথ শৰ্মা তেওঁৰ ককাক কে,ডি, বাসুদেৱৰ বীৰত্বপূৰ্ণ কৰ্মৰদ্বাৰা অনুপ্ৰাণিত হৈছিল। বাসুদেৱে ৮ম বেটেলিয়নত কাম কৰিছিল আৰু মালয় অভিযানত অংশগ্ৰহণ কৰি সেইসময়ত তেওঁৰ কামাণ্ডত থকা শ শ সৈন্যক জাপানী আক্ৰমণৰ পৰা ৰক্ষণাবেক্ষণ দিবলৈ গৈ মৃত্যুবৰণ কৰিছিল। বাদগামৰ যুদ্ধ ১৯৪৭ চনৰ ২২ অক্টোবৰত পাকিস্তানে কাশ্মীৰ উপত্যকাত কৰা আক্ৰমণ প্ৰতিহত কৰাৰ বাবে ২৭ অক্টোবৰত ভাৰতীয় সেনাবাহিনীৰ এটা দলক বিমানেৰে শ্ৰীনগৰত অৱতৰণ কৰোৱা হয়। ৩১ অক্টোবৰত কুমাওন ৰেজিমেণ্টৰ ৪ৰ্থ বেটেলিয়নৰ কোম্পানীক সোমনাথ শৰ্মাই নেতৃত্ব দিয়ে। সেইসময়ত তেওঁৰ বাঁওহাতখন হকীখেলত পোৱা আঘাতৰ বাবে প্লাষ্টাৰ কৰা আছিল যদিও যুদ্ধত তেওঁ নিজৰ বাহিনীৰ সৈতে থাকিবলৈ জোৰ কৰাৰ বাবে তেওঁক যাবলৈ অনুমতি প্ৰদান কৰে। ৩ নৱেম্বৰত বাদগাম অঞ্চলত তিনিটা কোম্পানীৰ এটা দল তহলদাৰী কৰ্তব্যত নিয়োজিত কৰা হয়। তেওঁলোকৰ কাম আছিল, উত্তৰ দিশৰ পৰা শ্ৰীনগৰ চহৰ অভিমুখে গতি কৰা অনুপ্ৰৱেশকাৰীক পৰীক্ষা কৰা। শত্ৰুৰ কোনো গতিবিধি চকুত নপৰাত তিনিটাৰ ভিতৰত দুটা সেনা দল ৰাতি ২ বজাত শ্ৰীনগৰলৈ উভতি আহিছিল যদিও শৰ্মাৰ কোম্পানীক ৰাতি ৩ বজালৈ থকাৰ হুকুম দিয়া হৈছিল। ৰাতি ২ বাজি ৩৫ মিনিটত বাদগামৰ এটা স্থানীয় লোকৰ ঘৰৰ পৰা শৰ্মাৰ কোম্পানীক উদ্দেশ্য কৰি গুলীবৰ্ষণ কৰা হয়। সাধাৰণ আৰু নিৰীহ লোকৰ ক্ষয়ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি সোমনাথ শৰ্মাই গুলীৰে প্ৰত্যুত্তৰ দিবলৈ নিৰ্দেশ দিয়া নাছিল। হঠাৎ গুলমাৰ্গৰ দিশৰ পৰা ৭০০ জনজাতীয় লোকৰ এটা অনুপ্ৰৱেশকাৰী দল বাদগামৰ কাষ চাপে আৰু শৰ্মাৰ কোম্পানীক তিনিফালৰ পৰা ঘেৰি ধৰি মৰ্টাৰেৰে গুলীচালনা কৰে। শ্ৰীনগৰ চহৰ আৰু বিমান বন্দৰ সুৰক্ষিত কৰাৰ বাবে শৰ্মাই সেই ঠাইত অবিচল হৈ থকাৰ বিষয়ত গুৰুত্ব দি শত্ৰুৰ আক্ৰমণৰ সাহসেৰে প্ৰত্যুৎত্তৰ দিবলৈ স্থিৰ কৰে। শত্ৰুসংখ্যাৰ অনুপাতে শৰ্মাৰ সেনাদলত যদিও সাতজনৰ বিপৰীতে এজনহে আছিল; শৰ্মাই সেনাক উদ্যমেৰে যুঁজিবলৈ উৎসাহিত কৰিছিল। তাকে কৰিবলৈ এটা চকীৰ পৰা আন এটা চকীলৈ দৌৰি যাবলগীয়া হোৱাত তেওঁ গুলীবৰ্ষণৰ সম্মুখত পৰে। গুলীচালনাৰ ফলত বিস্তৰ ক্ষয়ক্ষতি হৈ শৰ্মাৰ কোম্পানীৰ শক্তি কমি আহিবলৈ ধৰাত, তেওঁ সেনাৰ মাজত গোলা-বাৰুদ বিতৰণ আৰু লঘু মেচিনগান চলোৱাৰ কাম নিজৰ হাতত ল’লে। অনুপ্ৰৱেশকাৰীৰ সৈতে মেচিনগানেৰে যুঁজত ব্যস্ত থকা সময়তে ওচৰৰে গোলা-বাৰুদৰ স্তুপ এটাত এটা মৰ্টাৰ শ্বেল বিস্ফোৰণ ঘটে আৰু আঘাতপ্ৰাপ্ত হৈ তেওঁৰ মৃত্যু হয়। মৃত্যুৰ আগে আগে তেওঁ নিজৰ ব্ৰিগেডৰ মুখ্য কাৰ্যালয়লৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিল, য’ত লিখা আছিল; কুমাওন ৰেজিমেণ্টৰ ১ম বেটেলিয়ন শৰ্মাবাহিনীৰ সাহায্যৰ বাবে বাদগাম গৈ পায় মানে শৰ্মা বাহিনী বিধ্বস্তপ্ৰায় হৈ পৰিছিল। জনজাতীয় অনুপ্ৰৱেশকাৰীৰ আক্ৰমণত প্ৰায় ২০০জন হতাহতৰ সম্মুখীন হৈছিল আৰু তেওঁলোকে আগবাঢ়ি যোৱাৰ সাহস হেৰুৱাই পেলাইছিল। ই ভাৰতীয় সেনাবাহিনীক শ্ৰীনগৰলৈ বিমানেৰে যোৱাত বাধা দিছিল আৰু তেওঁলোকে নিজেই বিমান বন্দৰলৈ সোমাই যোৱা পথ ৰুদ্ধ কৰিছিল। যুদ্ধৰ সময়ত শৰ্মাৰ লগতে এজন কনিষ্ঠ কমিচনড্ অফিচাৰ আৰু “ডি’’ কোম্পানীৰ আন ২০জন সেনা নিহত হয়। তিনিদিন পিছত উদ্ধাৰ হয় শৰ্মাৰ মৃতদেহ। তেওঁৰ মৃতদেহটো চিনিব নোৱাৰাকৈ বিকৃত হৈছিল যদিও তেওঁৰ পিষ্টলৰ চামৰাৰ ’হোল্ডাৰ’ আৰু পকেটত থকা ভাগৱতৰ কেইটামান পৃষ্ঠাৰ সহায়ত তেওঁক চিনাক্ত কৰা হৈছিল। পৰমবীৰ চক্ৰ সন্মান প্ৰাপ্তি ১৯৪৭ চনৰ ৩ নৱেম্বৰত শ্ৰীনগৰ বিমান বন্দৰ ৰক্ষাৰ বাবে তেওঁ কৰা সাহসী কাৰ্খৰ বাবে ১৯৫০ চনৰ ২১ জুনত সোমনাথ শৰ্মাক পৰমবীৰ চক্ৰ বঁটা প্ৰদান কৰা হয়৷ বঁটা সৃষ্টিৰ পিছতে পোন প্ৰথমে এই সন্মান সোমনাথ শৰ্মাক দিয়া হয়৷ কাকতালীয়ভাৱে এই চক্ৰৰ ডিজাইনাৰ আছিল, তেওঁৰ ভায়েকৰ শাহুৱেক সাৱিত্ৰী খানোলকাৰ৷ বঁটা প্ৰদানৰ চৰকাৰী বিবৃতিটোত লিখা আছে; তথ্যসূত্ৰ পৰম বীৰ চক্ৰ
54785
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%BF%E0%A6%A4%E0%A6%BE%20%E0%A6%AB%E0%A7%81%E0%A6%95%E0%A6%A8
বন্দিতা ফুকন
বন্দিতা ফুকন অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, অনুবাদক, শিশু-সাহিত্যিক আৰু মূলতঃ বিজ্ঞান আৰু কল্পবিজ্ঞান লেখক। তেখেত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিকী শাখাত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা অভিযন্তা। অনুবাদক হিচাপে নিজৰ সাহিত্যিক জীৱনৰ পাতনি মেলা বন্দিতা ফুকনে ২০১১ চনত শিশু-সাহিত্যৰ বাবে সাহিত্য অকাডেমিৰ বঁটা লাভ কৰে। তেখেতৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা হৈছে ১২৬ খন। তেখেতৰ এখন গ্ৰন্থ মহান বিজ্ঞানীৰ শৈশৱ কাল বড়ো ভাষালৈ অনুবাদিত হৈছে। উল্লেখযোগ্য যে, বন্দিতা ফুকন উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা কল্প-বিজ্ঞান লেখিকা। জনপ্ৰিয় অসমীয়া মাহেকীয়া আলোচনী বিস্ময়ৰ পাতত "প্ৰিয়তমা" নামৰ কল্পবিজ্ঞান কাহিনীটোৰ জৰিয়তে তেখেতে আত্মপ্ৰকাশ কৰিছিল। জন্ম আৰু শিক্ষা বন্দিতা ফুকনৰ জন্ম হৈছিল ১৯৪৮ চনৰ ১৬ ফেব্ৰুৱাৰীত, শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি চহৰত। তেখেতে নিজৰ শৈশৱৰ কালছোৱা নেফা (নৰ্থ ইষ্টা ফ্ৰণ্টিয়াৰ এজেন্সী; এতিয়াৰ অৰুণাচল প্ৰদেশ)-ত অতিবাহিত কৰিছিল। নেফাৰ বিদ্যালয়সমূহৰ মাধ্যমটো অসমীয়া ভাষাৰ পৰা হিন্দী ভাষালৈ সলনি কৰাত তেখেত মাকৰ সৈতে অসমলৈ আহে। তাৰপিছত নগাঁৱস্থিত নগাঁও ছোৱালী হাইস্কুলত তেওঁৰ নামভৰ্তি কৰা হয়। উচ্চতৰ মাধ্যমিকলৈকে তেখেতে নগাঁৱতেই থাকি পঢ়া-শুনা কৰে। তাৰপিছত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হয়। পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়িবলৈ যায়। সেইখন মহাবিদ্যালয়ৰ পৰাই তেখেতে ১৯৭১ চনত যান্ত্ৰিক অভিযান্ত্ৰিকীৰ স্নাতক ডিগ্ৰী লাভ কৰে। উল্লেখনীয় যে, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এইটো বিভাগত স্নাতক ডিগ্ৰী লাভ কৰা তেখেতে প্ৰথমগৰাকী মহিলা। চাকৰি-জীৱন অভিযান্ত্ৰিকৰ ডিগ্ৰী পোৱাৰ পাছত তেখেতে অসম গেছ কোম্পানী, অইল ইণ্ডিয়া লিমিটেড, আছাম কণডাক্টৰছ্ এণ্ড টিউবছ্ লিমিটেড আৰু অসম ঔদ্যোগিক বিকাশ নিগমৰ বিভিন্ন সন্মানজনক পদবীত কাৰ্যনিৰ্বাহ কৰে। তাৰপিছত ২০০১ চনত তেখেতে অসম ঔদ্যোগিক বিকাশ নিগমৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈ আমেৰিকাস্থিত এক ঔদ্যোগিক প্ৰতিষ্ঠানত যোগদান কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গমন কৰে আৰু প্ৰায় দুবছৰৰ পিছত অসমলৈ ঘূৰি আহে আৰু কেইটামান ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মনিৰ্বাহ কৰে। তাৰ কেইবছৰমানৰ পিছত তেওঁ একাণপতীয়াকৈ সাহিত্যক্ষেত্ৰত মনোনিৱেশ কৰে। সাহিত্যক্ষেত্ৰত বন্দিতা ফুকনৰ দ্বাৰা লিখিত গ্ৰন্থ লেখিকা বন্দিতা ফুকনৰ সাহিত্য-কৰ্ম অসমৰ কাকত-আলোচনীত প্ৰকাশিত হৈছে। গল্প-উপন্যাসকে ধৰি শিশু আৰু কিশোৰৰ উপযোগী হোৱাকৈ যুগুত কৰা ভালেমান গ্ৰন্থ প্ৰকাশিত হৈছে। তেখেতৰ সৃষ্টিৰাজীৰ এখন সংক্ষিপ্ত তালিকা তলত দিয়া হ'ল। চুটি গল্প সংকলন আন্তৰিক বজা শিপা আমেৰিকাৰ আপোন কাহিনী কল্প-বিজ্ঞান কাহিনী সংকলন তেওঁ কেনে আছে? আপেক্ষিকতাবাদ, তেওঁৰ বাবেই আঠ ৰহস্য সময় হৈছেনে? উপন্যাস আপোনজন মই, আমি ইত্যাদি জীৱন এনেকৈয়ে অপত্য শিশু-কিশোৰৰ বাবে ৰচনা কৰা সাহিত্য উপন্যাস কিয় এনে হৈছে? সোণটিহঁতৰ বিপদ জুমি, ৰীমা আৰু সিহঁত (পুৰস্কাৰপ্ৰাপ্ত) সিহঁতে খেলিছিল(পুৰস্কাৰপ্ৰাপ্ত) বন্ধৰ দিনত সোণটিহঁত (পুৰস্কাৰপ্ৰাপ্ত) বান আহিছিল সুন্দৰপুৰত সোণটি এখন চাৰ্কাছ আহিছিল সোণটিৰ কেইদিনমান সোণটিহঁতৰ পিকনিক মিনুৰ অতিথি সোণটি আৰু হেনৰিহঁত সেউজীয়া ধৰণী (শিশু-সাহিত্যত সাহিত্য অকাডেমিৰে সন্মানীত) ৰাজীৱৰ গান সোণটিহঁতৰ চহৰখন সোণটিৰ খেতি সোণটিৰ বেমেজালি ককাৰ জিমি সোণটিহঁতৰ চুবুৰীত শিশু-কিশোৰৰ বাবে কল্প-বিজ্ঞান উপন্যাস কিয় এনে হৈছে? সোণটিহঁতৰ বিপদ সোণটিৰ ৰবট কুকুৰ মিনুৰ ৰবট সখী সন্ধান শিশু-কিশোৰৰ বাবে লিখা অনূদিত উপন্যাস সাতনেজীয়া নিগনি পোৱালি যাদুৰ নগৰী স্বাধীনতাৰ এটা পথ শিশুৰ বাবে লিখা অনূদিত জীৱনী-পুথি এলবাৰ্ট থমাছ আলভা এডিছন আলেকজেণ্ডাৰ ফ্লেমিঙ মেৰি কুৰী গেলিলিঅ' গেলিলি উইলিয়াম হাৰ্ভে আলেকজেণ্ডাৰ গ্ৰাহামবেল আৰ্কিমিডিছ মাইকেল ফাৰাডে, আদি। বুৰঞ্জীমূলক জীৱনীপুথি জোৱান অৱ আৰ্ক শিশুৰ বাবে বিজ্ঞানধৰ্মী গ্ৰন্থ যন্ত্ৰ-পাতি চিনো আহা মটৰ গাড়ী কেনেকৈ চলে? পৰীক্ষা কৰোঁ আহা মানুহৰ যন্ত্ৰ-পাতি সচিত্ৰ ইংৰাজী কাহিনী জয়মতী(পৰিৱেশক-অমৰ চিত্ৰ কথা, মুম্বাই) জীৱনী পুথি হৰিশ চন্দ্ৰ গোস্বামী জ্যোতি প্ৰকাশ মেধী বিজ্ঞানী জগদীশ চন্দ্ৰ বসু আৰু তেওঁৰ নিৰ্বাচিত কিশোৰ ৰচনা বঁটা আৰু সন্মান শিশু-সাহিত্যকে ধৰি অসমীয়া সাহিত্যৰ অন্যান্য ক্ষেত্ৰসমূহলৈ আগবঢ়োৱা বৰঙনিৰ বাবে লেখিকা বন্দিতা ফুকন বহুবাৰ সন্মানীত আৰু পুৰস্কৃত হৈছে। তাৰে ভিতৰত- জুমি, ৰীমা আৰু সিহঁত শীৰ্ষক শিশু উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদৰ পৰা পুৰস্কাৰ। "সদৌ অসম লেখিকা সমাৰোহ"ৰ পৰা শ্ৰেষ্ঠ চুটি গল্পৰ বাবে "দুলাল শৰ্মা" বঁটা। শিশু-সাহিত্যলৈ আগবঢ়োৱা বৰঙনিৰ বাবে ২০০৬ চনত, সদৌ অসম লেখিকা সমাৰোহৰ তৰফৰ "সম্প্ৰীতি শইকীয়া টুকটুকি বঁটা"। ২০১১ চনত সেউজীয়া ধৰণীৰ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমিৰ পৰা শিশু-সাহিত্য বঁটা। ২০১১ চনত অসম চৰকাৰৰদ্বাৰা সাহিত্যিক বঁটা। অনুবাদ-কৰ্মৰ বাবে সদৌ অসম লেখিকা সন্থাই প্ৰদান কৰা ২০১৪-১৫ বৰ্ষৰ নীলিমা দত্ত সোঁৱৰণী বঁটা। মহান বিজ্ঞানীৰ শৈশৱ কাল বড়ো ভাষালৈ অনূদিত। অনুবাদক: পুণ্যাখ বসুমতাৰী মূল্যবোধ শীৰ্ষক চুটি গল্পটো ছেবাৰ দশম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত। সিহঁতে খেলিছিল শীৰ্ষক শিশু-উপন্যাসখন অন্তৰা জি. চৌধুৰীৰদ্বাৰা মঞ্চস্থ। অসম চৰকাৰৰ দ্বাৰা সাহিত্যিক পেঞ্চনৰ বাবে অনুমোদন। মূল্যবোধ শীৰ্ষক গল্পটো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাঠ্যক্ৰমত একেৰাহে ছবছৰৰ বাবে অন্তৰ্ভুক্ত। তথ্যসূত্ৰ অসমৰ ব্যক্তি অসমীয়া সাহিত্যিক অসমীয়া শিশু সাহিত্যিক অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা
85894
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%B0%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A7%B0%E0%A6%BE
পৰম্পৰা
পৰম্পৰা হ’ল, সমাজৰ কোনো এটা অংশ বা গোটে দীৰ্ঘদিন ধৰি সমূহীয়াকৈ পালন কৰি অহা আচাৰ-নীতি৷ অৰ্থাৎ পুৰুষানুক্ৰমে চলি অহা অলিখিত মত, বিশ্বাস বা নিয়মেই হ’ল পৰম্পৰা৷ অৱশ্যে আধুনিক যুগত কেৱল ’অলিখিত মত বা নিয়ম’ বুলি পৰম্পৰাক সামৰি থোৱা অযুগুত; কাৰণ অৰ্থ বিস্তৃতিৰ বাবে ই কেতবোৰ লিখিত ৰীতি-নীতিকো সামৰি লৈছে৷ হেমকোষ অভিধানমতে পৰম্পৰাৰ অৰ্থ হ’ল; “সমাজ জাতি বা বংশ-পৰিয়ালত পুৰুষানুক্ৰমে চলি অহা আচাৰ-বিশ্বাস, ৰীতি-নীতি আদি’’৷ পৰম্পৰাসমূহ হাজাৰ হাজাৰ বছৰ ধৰি স্থায়ী আৰু বিকশিত হ’ব পাৰে—“পৰম্পৰা’’ শব্দটো লেটিন শব্দ ৰ পৰা উদ্ভৱ হোৱা যাৰ আক্ষৰিক অৰ্থ হৈছে সংক্ৰমণ কৰা, গতাই দিয়া, সুৰক্ষিত ৰখাৰ বাবে দিয়া। ইংৰাজী শব্দ লেটিন ৰ পৰা ফৰাচী যোগেদি আহিছে, বিশেষ্যটো ক্ৰিয়াৰ পৰা ইয়াক প্ৰথমে ৰোমান আইনত আইনী হস্তান্তৰ আৰু উত্তৰাধিকাৰৰ ধাৰণাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। পৰম্পৰাৰ প্ৰাচীন ইতিহাস আছে বুলি সাধাৰণতে ধাৰণা কৰা হয় যদিও বহু পৰম্পৰা ইচ্ছাকৃতভাৱে কম সময়ৰ ভিতৰতেও উদ্ভাৱন কৰা হৈছে, সেয়া ৰাজনৈতিক হওক বা সাংস্কৃতিক হওক৷। বিভিন্ন আনুষ্ঠানিক বিশেষজ্ঞসকলেও শব্দটোক বিভিন্ন ধৰণে ব্যৱহাৰ কৰে। সাধাৰণতে, “পৰম্পৰা অনুসৰি’’ বা “পৰম্পৰামতে’’ বাক্যাংশটোৱে বুজায় যে, ইয়াৰ পিছত যি তথ্য আহিব সেয়া কেৱল মৌখিক পৰম্পৰাৰ দ্বাৰাহে জনা যায়; ভৌতিক নথিপত্ৰ বা কোনো ভৌতিক কৃত্ৰিমতা বা অন্য গুণৰ দ্বাৰা সমৰ্থিত নহয়। প্ৰমাণ, আলোচনা কৰা তথ্যৰ গুণগত মান বুজাবলৈ “পৰম্পৰা’’ শব্দটো ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, “পৰম্পৰা অনুসৰি হোমাৰৰ জন্ম হৈছিল চিঅ'ছত, কিন্তু আন বহুতো স্থানীয় লোকে ঐতিহাসিকভাৱে তেওঁক নিজৰ বুলি দাবী কৰে’’৷ এই পৰম্পৰা হয়তো কেতিয়াবা প্ৰমাণিত হ’বও পাৰে বা নহ’বও পাৰে। আন এটা উদাহৰণ, “কমলা কুঁৱৰী, পৰম্পৰা অনুসৰি এজনী প্ৰকৃত জনহিতৈষী নাৰী, যিয়ে প্ৰজাৰ মংগলৰ কাৰণে প্ৰাণ আহুতি দিছে’’ ই প্ৰামাণিক নথিভুক্ত তথ্য হওক বা নহওক কিয়, ইয়াৰ দ্বাৰা সাংস্কৃতিক ইতিহাস আৰু সাহিত্য হিচাপে ইয়াৰ মূল্য কিন্তু হ্ৰাস নহয়। পৰম্পৰাসমূহ কেইবাটাও শৈক্ষিক ক্ষেত্ৰত অধ্যয়নৰ বিষয়বস্তু, বিশেষকৈ সমাজ বিজ্ঞান: যেনে, লোককথা অধ্যয়ন, নৃতত্ত্ব, পুৰাতত্ত্ব, আৰু জীৱবিজ্ঞান ইত্যাদি। পূৰ্বৰ সময়ক ধৰি ৰখাৰ ধাৰণা হিচাপে পৰম্পৰাৰ ধাৰণাটো ৰাজনৈতিক আৰু দাৰ্শনিক বক্তৃতাতো পোৱা যায়। উদাহৰণস্বৰূপে, ই পৰম্পৰাবাদৰ ৰাজনৈতিক ধাৰণাটোৰ ভিত্তি৷ কলাত্মক প্ৰেক্ষাপটত পৰম্পৰাৰ সহায়ত এটা শিল্পৰূপৰ সঠিক প্ৰদৰ্শন নিৰ্ণয় কৰা হয়। উদাহৰণস্বৰূপে, পৰম্পৰাগত ধাৰাসমূহ, (যেনে পৰম্পৰাগত নৃত্য) পৰিৱেশনত কোনো শিল্পৰূপ কেনেকৈ ৰচনা কৰিব লাগে সেই বিষয়ে নিৰ্দেশ দিয়া নিৰ্দেশনাৰ আনুগত্যক পৰিৱেশকৰ নিজৰ পছন্দতকৈ অধিক গুৰুত্ব দিয়া হয়। কেইবাটাও কাৰকে পৰম্পৰা হেৰুৱাব অথবা বেছিকৈ বৃদ্ধি কৰিব পাৰে, য’ত ঔদ্যোগীকৰণ, গোলকীকৰণ, আৰু নিৰ্দিষ্ট সাংস্কৃতিক গোটৰ আত্মসাৎ বা প্ৰান্তীয়কৰণ অন্তৰ্ভুক্ত। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে এতিয়া বিশ্বৰ বহু দেশত পৰম্পৰাগত ভাষাৰ দৰে দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি পৰম্পৰা-সংৰক্ষণৰ প্ৰচেষ্টা আৰম্ভ কৰা হৈছে। পৰম্পৰাক সাধাৰণতে আধুনিকতাৰ লক্ষ্যৰ সৈতে বিপৰীতমুখী কৰা হয় আৰু ইয়াক ৰীতি-নীতি, নীতি-নিয়ম, আইন, নিয়ম, ৰুটিন, নিয়ম আৰু অনুৰূপ ধাৰণাসমূহৰ পৰা পৃথক কৰা উচিত। সংজ্ঞা আন বহুতো সাধাৰণ শব্দৰ দৰেই পৰম্পৰাৰ বহু সংজ্ঞাও আছে। পৰম্পৰাৰ ধাৰণাটোৱে সামৰি লয় কেইবাটাও আন্তঃসম্পৰ্কীয় ধাৰণা; ঐক্যবদ্ধকাৰী কথাটো হ'ল পৰম্পৰাই অতীতত কৰা বা বিশ্বাস কৰা বিশ্বাস, বস্তু বা ৰীতি-নীতিক বুজায়, ইয়াৰ পৰাই উৎপত্তি হোৱা, এটা প্ৰজন্মই আন এটা প্ৰজন্মলৈ শিকাই সময়ৰ মাজেৰে সংক্ৰমিত হোৱা আৰু বৰ্তমানত কৰা বা বিশ্বাস কৰা। পৰম্পৰাই এনে বিশ্বাস বা ৰীতি-নীতিকো বুজাব পাৰে যিবোৰ প্ৰাগঐতিহাসিক, উৎপত্তিৰ সৈতে, “আদিকাল’’ৰ পৰা বিদ্যমান। পৰম্পৰাৰ উৎপত্তি প্ৰায়ে অনুমান কৰা হয় প্ৰাচীন, অপৰিৱৰ্তনীয়, আৰু গভীৰভাৱে গুৰুত্বপূৰ্ণ, যদিও কেতিয়াবা অনুমান কৰাতকৈ বহু কম "প্ৰাকৃতিক" হ'ব পাৰে।অনুমান কৰা হৈছে যে কোনো এটা অনুশীলন, বিশ্বাস বা বস্তুক পৰম্পৰাগত হিচাপে চাবলৈ তিনিটা প্ৰজন্মৰ ওপৰত অন্ততঃ দুটা সংক্ৰমণৰ প্ৰয়োজন। কিছুমান পৰম্পৰা ইচ্ছাকৃতভাৱে উদ্ভাৱন কৰা হৈছিল কোনোবা নহয় কোনোবা কাৰণত, প্ৰায়ে এটা নিৰ্দিষ্ট প্ৰতিষ্ঠানৰ গুৰুত্ব উজ্জ্বল বা পৰিসৰ বৃদ্ধি কৰিবলৈ।পৰম্পৰাসমূহো দিনটোৰ প্ৰয়োজন অনুসৰি খাপ খুৱাব পাৰি, আৰু পৰিৱৰ্তনসমূহ প্ৰাচীন পৰম্পৰাৰ অংশ হিচাপে গ্ৰহণযোগ্য কৰি ল’ব পাৰি। পৰম্পৰা লাহে লাহে সলনি হয়, এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ পৰিৱৰ্তনক উল্লেখযোগ্য হিচাপে দেখা যায়।. এইদৰে পৰম্পৰাসমূহ পালন কৰাসকলে এই পৰিৱৰ্তনৰ বিষয়ে সচেতনভাৱে সচেতন নহ’ব, আৰু বহু প্ৰজন্মৰ পিছত কোনো পৰম্পৰাত ডাঙৰ পৰিৱৰ্তন হ’লেও, ইয়াক অপৰিৱৰ্তিত হিচাপে দেখা যাব। তথ্য
70696
https://as.wikipedia.org/wiki/%E0%A6%86%E0%A6%9C%E0%A6%B2%E0%A6%BF%20%E0%A6%86%E0%A6%87%20%28%E0%A6%AC%E0%A6%BE-%E0%A6%AD%E0%A6%97%E0%A6%BE%29%20%E0%A6%A5%E0%A6%BE%E0%A6%A8%20%E0%A6%B8%E0%A6%A4%E0%A7%8D%E0%A7%B0
আজলি আই (বা-ভগা) থান সত্ৰ
'আজলি আই থান (বা ভগা) থান সত্ৰ মাজুলী জিলাৰ মধ্যভাগৰ বৃহত্তৰ শেনচোৱা অঞ্চলত অৱস্থিত মায়ামৰা সম্প্ৰদায়ৰ লোকসকলৰ এক পৱিত্ৰ তীৰ্থস্থান। আনুমানিক প্ৰায় আশীৰ দশকৰ পৰাই অসমীয়া মাঘ মাহৰ প্ৰথমটো দেওবাৰে এই বৃহত্তৰ শেনচোৱা অঞ্চলৰ মায়ামৰা ভকত বৈষ্ণৱসকলে একগোট হৈ নাম-কীৰ্ত্তন কৰি আহিছে। চাৰি সংহতিৰ অন্যতম এক সংহতি কাল সংহতিৰ অন্তৰ্গত এই থানখনি মায়ামৰা সম্প্ৰদায়ৰ আদ্যগুৰু শ্ৰী শ্ৰী অনিৰূদ্ধদেৱৰ মাতৃ আঁজলি আই বা আঁজলি দেৱীৰ নামেৰে নামাংকৃত কৰা হৈছে। ১৬০৭ চনত (১৫২৯ শক) স্থাপিত এই থানখনিৰ চাৰিওফালৰ পৰিৱেশটো হাবি-জংঘলেৰে আবৃত আৰু বানপানীৰ পৰা ৰক্ষা পাবৰ বাবে ওখ ঠাইত স্থাপিত। বৰ্তমান এই থানখনে মুঠ ৮ বিঘা ৭ কথা ২২ লোচা মাটি আগুৰি আছে। ইতিহাস আঁজলি দেৱী শ্ৰীমন্ত শংকৰদেৱৰ সম্বন্ধীয় খুৰাক হাতীয়া ওৰফে বুঢ়া খাৰ জীয়েক আছিল। ভূঞা বংশৰ একমাত্ৰ জীয়ৰী আঁজলি দেৱীৰ জন্ম হয় ১৫৩৩ খ্ৰীষ্টাব্দৰ ভাদ মাহৰ শুক্লা দশমী তিথিত। এই আজলি দেৱী আৰু স্বামী গোন্দাগিৰিৰ পাঁচটা সন্তান আছিল। তেওঁলোক ক্ৰমে- মোহন মুৰাৰী দেৱ, নিৰঞ্জন দেৱ, ৰূপনাৰায়ণ দেৱ অনিৰূদ্ধদেৱ আৰু বাল্মিকী দেৱ। আঁজলি আইৰ সতে অনিৰূদ্ধদেৱে ১৬০১ খ্ৰীষ্টাব্দত বিষ্ণু বালিকুঞ্চিত সত্ৰ স্থাপন কৰি ধৰ্ম প্ৰচাৰত ব্ৰতী হয়। কিন্তু ১৬০৬ চনত হঠাৎ দূৰৈৰ পাহাৰৰ পৰা দফলাসকলে সত্ৰত লুটপাট চলায় আৰু আজলি আইক ধৰি লৈ যায়। পিছত বাটত বাঘৰ আক্ৰমণৰ সন্মুখীন হোৱা বাবে দফলাসকলে আঁজলি আই মাজ বাটতে এৰি থৈ যায়। তাৰ পাছদিনাই হাবি মাজৰ পৰা আঁজলি আইক শিষ্যসকলে উদ্ধাৰ কৰে। চৰিত পুথিত এনেদৰে লিখা আছে- দফলা আক্ৰমণৰ পিছত আঁজলি আই আৰু অনিৰূদ্ধদেৱে ধৰ্ম প্ৰচাৰৰ বাবে কেইবাবাৰো ঠাই সলনি কৰি আহি অৱশেষত নাৱেৰে আহি মাজুলী পাইহি। প্ৰথমে বৰ্তমানৰ নতুন কমলাবাৰী সত্ৰৰ নাতিদূৰৈত থকা মোৱামাৰী বিলৰ পাৰতে বহা পাতে। তাত ছমাহ কাল অতিবাহিত কৰাৰ পিছত মাজুলীৰ দক্ষিণপাটৰ উত্তৰফালে সত্ৰ স্থাপন কৰেহি। আইৰ নিৰ্দেশত চাৰিওফালে ওখ ঢাপ তুলি বতৰ্মানৰ মেখেলী গাঁৱৰ পিছফালে আৰু শেনচোৱা অঞ্চলৰ মূৰত এই আঁজলি আই থান (বা ভগা) স্থাপিত কৰে। সত্ৰ প্ৰতিষ্ঠা কৰাৰ পিছত আজলি আই বেছি দিন জীয়াই নাথাকিল। ডফলাৰ আক্ৰমণৰ পিছৰে পৰা আঁজলি আইৰ স্বাস্থ্য বেয়া হৈ আহিছিল। তেওঁ স্বৰ্গগামী হোৱাৰ পিছত তেওঁৰ পুত্ৰসকলে সেই ঠাই পৰিত্যাগ কৰি বিভিন্ন ঠাইলৈ গতি কৰিলে। বহুবছৰ এইঐতিহ্যমণ্ডিত সত্ৰখনি পৰিত্যক্ত অৱস্থাত থকাৰ পিছত ২০০২ চনত সেই ঠাইত এটা স্থায়ী নামঘৰ নিৰ্মাণ কৰা হয়। মায়ামৰা সম্প্ৰদায়ৰ সাত-আঠখন গাঁৱৰ জনসাধাৰণৰ চেষ্টাত আৰু চৰকাৰী জিৰ সহায়েৰে চাৰিসীমাৰ লগতে এখনি তোৰণ নিৰ্মাণ কৰা হয়। পৰিচালনা বৰ্তমান আঁজলি আই থান সত্ৰ উন্নয়ন সমিতিৰ দ্বাৰা থানখনি পৰিচালনা কৰা হয়। পৰিচালনা সমিতিৰ প্ৰথম সভাপতি আৰু সম্পাদক আছিল ক্ৰমে লুহিৰাম দাস আৰু মিঠাৰাম দাস। বৰ্তমানৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে গংগাৰাম দাস আৰু বিনোদ দাস। প্ৰধান উৎসৱ-অনুষ্ঠান স্থানীয় মায়ামৰা সম্প্ৰদায়ৰ শিষ্যসকলে প্ৰায়ে এই থানৰ নামঘৰত চাকি-বন্তি জ্বলাই এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰি ৰাখে। অসমীয়া মাঘ মাহৰ প্ৰথমটো দেওবাৰত অসমৰ বিভিন্ন স্থানত থকা মায়ামৰা সম্প্ৰদায়ৰ শিষ্যসকলে এই স্থানত গোট খাই নাম-কীৰ্ত্তন কৰে। তদুপৰি মায়ামৰা সম্প্ৰদায়ৰ আদ্যগুৰু শ্ৰী শ্ৰী অনিৰূদ্ধদেৱৰ জন্ম-মৃত্যু বাৰ্ষিকি এই স্থানত পতা হয়। সাংস্কৃতিক গুৰুত্ব ভিন্ন সম্প্ৰদায়ৰ লোকে লোকাৰণ্য হৈ থকা অসমত মায়ামৰা সমাজ-সংস্কৃতিৰ এক বিশেষ স্থান আছে। মধ্যযুগতশ্ৰীমন্ত শংকৰদেৱে জাতি-বৰ্ণ নিৰ্ৱিশেষে সকলোকে একগোট কৰাৰ সমান্তৰালভাৱে শ্ৰী শ্ৰী অনিৰূদ্ধদেৱ তথা আঁজলি আই আৰু তেওঁৰ শিষ্যসকলে মটক-কৈৱৰ্ত্ত আদিকে ধৰি সমাজত নিম্ন বৰ্গৰ বুলি পৰিচিত সম্প্ৰদায়সমূহক একগোট কৰি এই মায়ামৰা সমাজ গঢ় দিছিল। তাৰেই এক ঐতিহাসিক গুৰুত্ব এই থানখনিৰ আছে। মানৰ আক্ৰমণৰ পৰা আৰম্ভ কৰি মোৱামৰীয়া বিদ্ৰোহলৈকে বিভিন্ন ঘটনাৰ সাক্ষী এই আঁজলি আই থানখনি বুলি গৱেষক-স্থানীয় লোকে কব খোজে। তদুপৰি মায়ামৰা সমাজৰ ধৰ্মীয় অনুষ্ঠান, গায়ন-বায়ন, সাজপাৰ পৰিধান, বিয়া-সবাহ, মৃতকৰ সৎকাৰ, শ্ৰাদ্ধ আদিৰ ক্ষেত্ৰতো এই থানখনিয়ে এক ঐতিহ্য বহন কৰি আহিছে। মায়ামৰা সমাজৰ গায়ন-বায়নত মৃদংগ ব্যৱহাৰ কৰা হয়। তথ্য সংগ্ৰহ ১শ্ৰী দীপক দাস প্ৰণিত কালানুক্ৰমত আজলি আই (বা-ভগা) থান সত্ৰ
74386
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%B0%E0%A6%B2%E0%A6%BE%20%E0%A6%A6%E0%A7%87%E0%A7%B1%E0%A7%80
সৰলা দেৱী
সৰলা দেৱী ১৯ আগষ্ট ১৯০৪ ৪ অক্টোবৰ ১৯৮৬) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, নাৰীবাদী, সমাজকৰ্মী, ৰাজনীতিবিদ আৰু সাহিত্যিক। তেওঁ ১৯২১ চনত অসহযোগ আন্দোলনত যোগদান কৰা প্ৰথম ওড়িয়া মহিলা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ওড়িয়া মহিলা প্ৰতিনিধি আছিল। ১৯৩৬ চনৰ ১ এপ্ৰিলত ওড়িশা বিধান সভালৈ নিৰ্বাচিত হোৱা তেওঁ প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হৈছিল। তেওঁ ওড়িশা বিধান সভাৰ প্ৰথম মহিলা অধ্যক্ষ, কটক সমবায় বেংকৰ প্ৰথম মহিলা সঞ্চালক আৰু উৎকল বিশ্ববিদ্যালয়ৰ প্ৰথম মহিলা চিনেট সদস্য আছিল। তেওঁ ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ শিক্ষা আয়োগত ওড়িশা একমাত্ৰ প্ৰতিনিধি আছিল। প্ৰাৰম্ভিক জীৱন ১৯০৪ চনৰ ১৯ আগষ্টত বালিকুদাৰ ওচৰৰ নাৰিলো গাঁৱত সৰলা দেৱীৰ জন্ম হৈছিল। বেংগল প্ৰেচিডেন্সিৰ উৰিষ্যা বিভাগৰ (বৰ্তমান ওড়িশাৰ জগতসিংপুৰ জিলা) অতি ধনী, অভিজাত জমিদাৰ পৰিয়ালত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃ দেৱান বসুদেৱ কানুংগো আৰু তেওঁৰ মাতৃ পদ্মাৱতী দেৱী। তেওঁক তেওঁৰ দেউতাকৰ ডাঙৰ ভায়েক বালমুকুন্দ কানুংগো পেছাত এজন উপ সংগ্ৰাহকে তুলি লৈছিল আৰু ডাঙৰ-দীঘল কৰিছিল। [1] [2] [3] [4] [5] [6] সৰলাই বাঙ্কিত প্ৰাথমিক শিক্ষা লাভ কৰিছিল য'ত তেওঁৰ খুৰাক নিযুক্ত আছিল। সেই সময়ত মহিলাসকলৰ উচ্চ শিক্ষাৰ কোনো সুবিধা নাছিল। সেয়েহে তেওঁৰ খুৰাকে ঘৰুৱা শিক্ষকৰ সহায়ত তেওঁক শিক্ষিত কৰিছিল। সৰলাই তেওঁৰ শিক্ষকৰ পৰা বাংলা, সংস্কৃত, ওড়িয়া আৰু মৌলিক ইংৰাজী শিকিছিল। সৰলায়ে খুৰাকৰ সৈতে ১৩ বছৰ বয়সলৈকে বাস কৰিছিল। জগতসিংপুৰৰ অন্তৰ্গত চত্ৰ গাঁৱৰ ভাগীৰথী মহাপাত্ৰৰ সৈতে সৰলা দেৱীৰ বিবাহ সম্পন্ন হৈছিল। সৰলা জমিদাৰ পৰিয়ালৰ বোৱাৰী হৈ পৰিছিল কিন্তু তেওঁৰ মনত অহংকাৰ নাছিল। ৰাজহুৱা জীৱন বাঙ্কিত থাকোঁতে বাঙ্কিৰ ৰাণী চুকা দেৱীৰ স্বাধীনতা আন্দোলনত যোগদান কৰাৰ কাহিনীৰ দ্বাৰা সৰলা অনুপ্ৰাণিত হৈছিল। তেওঁ তেওঁৰ বৃহৎ গহনা সংগ্ৰহৰ এক বৃহৎ অংশ আৰু ভূমিৰ বিশাল অংশ ভাৰতৰ স্বাধীনতাৰ আন্দোলনৰ বাবে দান কৰিছিল। তেওঁ ১৯১৭ চনত প্ৰখ্যাত অধিবক্তা ভাগীৰথী মহাপাত্ৰক বিয়া কৰায়। ভাগীৰথীয়ে ১৯১৮ চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল। মহাত্মা গান্ধীৰ প্ৰথম ওড়িশা ভ্ৰমণৰ পিছত ১৯২১ চনত সৰলাই কংগ্ৰেছত যোগদান কৰিছিল। তেওঁ ওড়িশা বিধান সভাৰ প্ৰথম মহিলা সদস্য আৰু লগতে ইয়াৰ প্ৰথম মহিলা অধ্যক্ষ আছিল। তেওঁ মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, দুৰ্গাবাঈ দেশমুখ, আচাৰ্য কৃপালানী, কমলাদেৱী চট্টোপাধ্যায় আৰু সৰোজিনী নাইডুৰ অতি ঘনিষ্ঠ আছিল। তেওঁ ১৯৪৩ চনৰ পৰা ১৯৪৬ চনলৈ কটকত উৎকল সাহিত্য সমাজৰ সম্পাদক আছিল। মহিলা সংগঠনত ভূমিকা সৰলা দেৱী, ৰমা দেৱী, শৈলবালা দাস, ৰেবা ৰায় আৰু কুন্তলা কুমাৰীৰ দৰে বিশিষ্ট মহিলা নেত্ৰীসকলৰ গান্ধীজীৰ দ্বাৰা প্ৰভাৱিত হৈছিল। তেওঁলোকে মহিলাসকলৰ সামূহিক উন্নতিৰ বাবে চেষ্টা কৰিছিল। তেওঁলোকে সাহিত্য, শিক্ষা আৰু সভাৰ জৰিয়তে মহিলাসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰিছিল। সৰলা দেৱীয়ে ওড়িশাৰ মহিলাসকলক একত্ৰিত কৰিবলৈ "উৎকল মহিলা সন্মিলন" নামৰ এক সংগঠন গঠন কৰিছিল। পিছলৈ উৎকল মহিলা সন্মিলনে নিখিল ভাৰতীয় মহিলা সংঘৰ শাখা হিচাপে কাম কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ সফলতাই তেওঁক অধিক গঠনমূলক কাম কৰিবলৈ বিশেষভাৱে উৎসাহিত কৰিছিল। তেওঁ ওড়িশাৰ মহিলা আৰু তেওঁলোকৰ সমস্যাৰ বিষয়ে বিভিন্ন আলোচনীত প্ৰবন্ধ লিখিছিল। ১৯২৪ চনত কটক মহিলা সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ কটক স্বৰাজ্য আশ্ৰমৰ মহিলা সভা আৰু সংগঠনত যোগদান কৰে। তেওঁ বুজি পাইছিল যে মহিলাৰ বিকাশেই দেশৰ উন্নতিৰ একমাত্ৰ উপায়। কৃষক আন্দোলনত ভূমিকা দেশৰ স্বাধীনতা আন্দোলনৰ সময়ত প্ৰিন্সলী ষ্টেট সমূহৰ ৰজা আৰু জমিদাৰসকল ইংৰাজসকলৰ শক্তিশালী সমৰ্থক আছিল। জমিদাৰসকলে কৃষকসকলক শোষণ আৰু অত্যাচাৰ কৰি আছিল। সেইকাৰণে কংগ্ৰেছ দলৰ ভিতৰত এটা প্ৰগতিশীল গোটে "উৎকল কংগ্ৰেছ কমিউনিষ্ট সংঘ" নামৰ এটা নতুন সংগঠন গঠন কৰিছিল। নৱকৃষ্ণ চৌধুৰী, সুৰেন্দ্ৰ নাথ দ্বিবেদী, ভাগৱতী চৰণ পানীগ্ৰাহী আৰু মালতী চৌধুৰী সংগঠনটোৰ বিশিষ্ট প্ৰতিষ্ঠাপক আছিল। তেওঁলোক সকলো কাৰ্লমাৰ্ক্সৰ সাম্যবাদী ধাৰণাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। তেওঁলোকে দেশৰ ৰাজনৈতিক স্বাধীনতাৰ সৈতে জনসাধাৰণৰ অৰ্থনৈতিক স্বাধীনতা কেনেকৈ আহিব পাৰে তাত নিয়োজিত আছিল। তেওঁলোকে কৃষকসকলক জমিদাৰ আৰু মহাজনৰ শোষণৰ পৰা সুৰক্ষিত কৰিবলৈ কৃষকসকলক একত্ৰিত কৰিছিল। সৰলা দেৱীয়ে কংগ্ৰেছৰ সাম্যবাদী কৰ্মীসকলৰ সৈতে কৃষকসকলক সংগঠিত কৰিছিল। ১৯৩৭ চনৰ মে' মাহত ডেলাঙত এখন কৃষক সভা অনুষ্ঠিত হৈছিল। সভাত তেওঁ লোকসকলক জমিদাৰসকলৰ অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনায়। তেওঁ চৰকাৰক বিধান সভাৰ ভিতৰত বানপীড়িত কৃষকসকলৰ পৰা কৰ সংগ্ৰহ বন্ধ কৰিবলৈ পৰামৰ্শ দিছিল। তেওঁ চৰকাৰক মানুহক বানপানীৰ পৰা প্ৰতিহত কৰিবলৈ স্থায়ী ব্যৱস্থা ল'বলৈ দাবী জনাইছিল। সৰলা দেৱীয়ে বিধান সভাৰ ভিতৰত আৰু বাহিৰত এই শোষণৰ বিৰুদ্ধে মাত মাতিছিল। সাহিত্য কৰ্ম সৰলা দেৱীয়ে সৰুৰে পৰা সাহিত্যৰ সাধনা আৰম্ভ কৰিছিল। সেই যুগত কেইবছৰমানৰ বাবে "এটেণ্ডেণ্ট" নামৰ এখন মাহেকীয়া আলোচনী প্ৰকাশিত হৈছিল। শ্ৰীমতী বসন্ত কুমাৰী দেৱী এই আলোচনীখনৰ সম্পাদক আছিল। আলোচনীখনে সৰোজিনী দেৱী, কোকিল দেৱী, প্ৰমীলা সুন্দৰী, ৰাম সুন্দৰী, কাঞ্চন মণিৰ জৰিয়তে বহুতো বিশিষ্ট মহিলাৰ ৰচনা প্ৰকাশ কৰিছিল। সৰলা দেৱীৰ ৰচনা ১৯২৫ আৰু ১৯২৭ৰ মাজত মুদ্ৰণ কৰা "এটেণ্ডেণ্ট"ত প্ৰকাশ পাইছিল। তাৰে ভিতৰত আছে "ৰোগী সম্ৰাজ্ঞী শৈৱ", "কল্পিত মৃত্যু" আৰু "অপেক্ষা।" তেওঁৰ সাহিত্যিক প্ৰতিভা ১৫ বছৰ বয়সৰ পৰাতেওঁৰ লিখনিৰ পৰা প্ৰৱৰ্তন কৰা হৈছিল। তেওঁ সৃষ্টিশীল সাহিত্যিক প্ৰতিভাৰে পৰিপূৰ্ণ আছিল। "অলকা"ৰ পৰা "চৰকাৰ", "নৱ ভাৰত" আদিলৈকে তেওঁৰ লিখনি উৰিষ্যাৰ বিশিষ্ট আলোচনীত প্ৰকাশিত হৈছিল। মানুহক সজাগ কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি মানুহে শিক্ষাৰ উদ্দেশ্যে গাওঁবাসীৰ কথা মহিলাৰ আইনী অধিকাৰ আদিৰ বিষয়ে তেওঁ সৰু সৰু কিতাপ লিখিছিল। তেওঁ "হিন্দুস্তান গ্ৰন্থামলা" নামৰ এটা সংগঠন স্থাপন কৰি ইয়াৰ সম্পাদক হৈছিল। মহিলাসকলৰ বিত্তীয় অৱস্থা সম্পৰ্কে তেওঁৰ গৱেষণা, ভাষণ আৰু লিখনিয়ে সেই সময়ত সমাজৰ মাজত এক আলোড়নৰ সৃষ্টি কৰিছিল। তেওঁ "সবিতা" নামৰ এখন আলোচনী সম্পাদনা কৰি আছিল আৰু ইয়াৰ ওপৰত তেওঁৰ মতামতও প্ৰকাশ কৰিছিল। ১৯৩৫ চনত ইয়াক "ভাৰতীয় মহিলা সমস্যা" বুলি কোৱা হৈছিল। তেওঁৰ এখন প্ৰবন্ধ গ্ৰন্থ আৰু নাৰী জগত নামৰ এখন প্ৰবন্ধ গ্ৰন্থই হিন্দুস্তান সাহিত্য মন্দিৰ প্ৰকাশ কৰিছিল। ই বিভিন্ন দেশত সংঘটিত হোৱা মহিলাৰ জাগৰণৰ বিষয়ে আলোচনা কৰিছিল। ১৯৫৮ চনত কটক প্ৰকাশন গৃহে তেওঁৰ এখন কিতাপ বিশ্ব বিপ্লৱ প্ৰকাশ কৰে। ই চমুকৈ বিশ্ব আৰু ভাৰতৰ বিপ্লৱী মহিলাসকলৰ জীৱন কাহিনী প্ৰকাশ কৰিছিল। ইয়াৰ উপৰিও, "ৰায় ৰামানন্দ", "সৰলা মহাভাৰতত নাৰী চৰিত্ৰ", বাসন্তী প্ৰভৃতিয়ে গ্ৰন্থ আৰু উপন্যাসসমূহত বিশেষ অৱদান আগবঢ়াইছিল। উল্লেখযোগ্য ৰচনা 'উৎকলৰ মহিলা সমস্যা', ১৯৩৪ 'মহিলাৰ দাবী', ১৯৩৪ 'ভাৰতীয় মহিলাৰ সমস্যা', ১৯৩৫ 'ৰবীন্দ্ৰ পূজা 'বীৰ ৰমণী', ১৯৪৯ 'বিশ্ব বিপ্লৱ', ১৯৩০ 'বাসন্তী' 'ৰায় ৰামানন্দ' 'ভিলেজ টক' অন্তিম জীৱন সৰলা দেৱী প্ৰায় ন বছৰ বিধান সভাত প্ৰতিনিধিত্ব কৰিছিল আৰু বিভিন্ন প্ৰগতিশীল আইন গৃহীত কৰাত সহায় কৰিছিল। তেওঁ কেইদিনমানৰ বাবে বিধান সভাত কংগ্ৰেছ দলৰ মুখ্য হুইপ আছিল। তেওঁ নেতাজী সুভাষ চন্দ্ৰ বসু আৰু পণ্ডিত জৱাহৰলাল নেহৰুৰ দ্বাৰা গঠিত ৰাষ্ট্ৰীয় পৰিকল্পনা সমিতিৰ সদস্য আছিল আৰু ওড়িশাৰ কল্যাণৰ বাবে কেইবাটাও প্ৰস্তাৱ কাৰ্যকৰী কৰিছিল। ১৯৪১ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কংগ্ৰেছে ব্যক্তিগত সত্যাগ্ৰহ আৰম্ভ কৰিছিল। গান্ধীজীয়ে ওড়িশাৰ সৰলা দেৱীক তেওঁৰ প্ৰথম সত্যাগ্ৰহী হিচাপে বাছনি কৰিছিল। তেওঁ যুদ্ধ বিৰোধী শ্লোগানৰ সৈতে ছয় মাহ সেৱা আগবঢ়াইছিল। তেওঁ ১৯৫৫ চনৰ সীমান্ত আন্দোলন আৰু ১৯৫৮ চনৰ ছাত্ৰ আন্দোলনত পোনপটীয়াকৈ অংশগ্ৰহণ কৰিছিল। ১৯৮৬ চনৰ ৪ অক্টোবৰত ৮২ বছৰ বয়সত সৰলা দেৱীৰ মৃত্যু হয়। তথ্য উৎস বাহ্যিক সংযোগ উৰিষ্যাৰ ব্যক্তি মৃত ব্যক্তি ভাৰতৰ স্বাধীনতা সংগ্ৰামী ভাৰতীয় সাহিত্যিক ভাৰতীয় নাৰীবাদী সমাজকৰ্মী ভাৰতীয়
79654
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A6%B6%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%AE%20%E0%A6%85%E0%A6%B8%E0%A6%AE%20%E0%A6%A6%E0%A7%81%E0%A6%97%E0%A7%8D%E0%A6%A7%20%E0%A6%89%E0%A7%8E%E0%A6%AA%E0%A6%BE%E0%A6%A6%E0%A6%95%20%E0%A6%B8%E0%A6%AE%E0%A6%AC%E0%A6%BE%E0%A6%AF%E0%A6%BC%20%E0%A6%B8%E0%A6%82%E0%A6%98%20%E0%A6%B2%E0%A6%BF%E0%A6%AE%E0%A6%BF%E0%A6%9F%E0%A7%87%E0%A6%A1
পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড
পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড ৱামূল বা জনপ্ৰিয় ৰূপত পৰিচিত পূৰবী ডেইৰী হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপুৰণি আৰু বৃহৎ দুগ্ধ সমবায় সংঘ৷ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক )ৰ দ্বাৰা অনুমোদনপ্ৰাপ্ত এই সমবায় সংঘটোৰ বীজ ৰোপণ হৈছিল ১৯৭৬ চনত; অসমৰ নগাঁও, মৰিগাঁও, নলবাৰী, গোৱালপাৰা আৰু কামৰূপ জিলাৰ একাংশ সমবায়ৰ সন্মিলিত প্ৰয়াসৰ জৰিয়তে৷ ভাৰত চৰকাৰৰ "মীন পালন, পশুপালন আৰু দুগ্ধপালন মন্ত্ৰালয়"ৰ অধীনস্থ 'ৰাষ্ট্ৰীয় ডেইৰী বিকাশ পৰিষদ'ৰ দ্বাৰা বৰ্তমান ৱামূল পৰিচালিত হৈ আছে৷ ইয়াৰ মূল কাৰ্যালয় আৰু প্ৰকল্পকেন্দ্ৰ কামৰূপ (মহানগৰ) জিলাৰ পাঞ্জাবাৰীত অৱস্থিত৷ ৱামূলে পূৰবী ব্ৰেণ্ড নামটোৰে দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰীসমূহৰ বিপণন আৰু বিতৰণ কৰে৷ ৱামূলে গুৱাহাটীস্থিত কেন্দ্ৰৰ পৰা গড় হিচাপত দৈনিক প্ৰায় ৫০,০০০ লিটাৰতকৈও অধিক গাখীৰ বিপণন কৰে আৰু প্ৰায় ৭,০০০ লিটাৰৰ দুগ্ধজাত সামগ্ৰী গুৱাহাটীকে ধৰি নামনি আৰু উজনি অসমত বিক্ৰী কৰে৷ উল্লেখ্য যে, প্ৰতিষ্ঠানটোৰ লগত অসমৰ প্ৰায় ৩০,০০০ কৃষক জড়িত হৈ আছে৷ ইতিহাস ১৯৭৬ চনত নগাঁও, মৰিগাঁও, গোৱালপাৰা, নলবাৰী আৰু কামৰূপ জিলাৰ সমবায় সংঘৰ দুগ্ধ উৎপাদকসকলৰ সমূহীয়া প্ৰচেষ্টাৰ পৰিণতিস্বৰূপে সমবায় সংঘৰ ৰূপত ৱামূলৰ জন্ম হৈছিল৷ অসমত দুগ্ধ বিকাশৰ বাবে ৰাষ্ট্ৰীয় ডেইৰী বিকাশ পৰিষদৰ অপাৰেছন ফ্লাডৰ অধীনত এই সংঘ প্ৰতিষ্ঠা কৰা হয়৷ ১৯৮১ চনত ৰামপুৰৰ দেইৰি সমবায়ৰ পৰা দুগ্ধ সংগ্ৰহ আৰু গুৱাহাটী নগৰ দুগ্ধ যোগান আঁচনিলৈ দুগ্ধ যোগান আৰম্ভ কৰা হয়৷ ১৯৮৩ চনৰ ৫ মে' বৃহস্পতিবাবে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই কামৰূপ জিলাৰ পাঞ্জাবাৰীত দুগ্ধ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে৷ অপাৰেছন ফ্লাড-২ৰ অধীনত এই নতুন প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল৷ ১৯৮৬ চনত গুৱাহাটীৰ খানাপাৰাত এটা শীতলীকৰণ কেন্দ্ৰ স্থাপন কৰা হয় আৰু গ্ৰাহকৰ মাজত দুগ্ধ বিপণনৰ সূচনা হয়৷ একেটা বছৰতে পূৰবী ব্ৰেণ্ড নামেৰে পলি পাউছ পেকেটত শীতল গাখীৰৰ বিক্ৰী আৰম্ভ৷ ১৯৮৯ চনত ৬০,০০০ লিটাৰৰ ক্ষমতাবিশিষ্ট নতুন তৰল গাখীৰ প্ৰকল্পৰ সক্ৰিয় কৰা হয়৷ ইয়াৰ জৰিয়তে পেষ্টুৰাইজড্ আৰু হ'ম'জেনাইজড ট'নড্ গাখীৰ পলি পাউচ পেকেটত ভৰাই বিক্ৰীৰ বাবে সাজু কৰা হয়৷ ১৯৯১ চনত বজাৰত ডাবল ট'নড গাখীৰ বিক্ৰী আৰম্ভ হয়৷ ২০২১ চনত পূৰবী ডেইৰীয়ে প্ৰতি দিনে ডেৰ লাখ লিটাৰ গাখীৰ উৎপাদন কৰাৰ লক্ষ্যৰে তেওঁলোকৰ পাঞ্জাবাৰীৰ মূল প্ৰকল্পস্থলীত সংবৰ্ধন আৰু বিস্তাৰ প্ৰকল্প আৰম্ভ কৰে৷ এই বিস্তাৰ প্ৰকল্পটোৰ বাবে অসম চৰকাৰৰ অধীনস্থ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প-ই সামগ্ৰিকভাৱে প্ৰায় ৪৭ কোটি ধন ব্যয় কৰিব৷ ২০২২ বৰ্ষৰ ৭ জানুৱাৰী তাৰিখে অসমৰ মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ মীন, পশুপালন তথা দুগ্ধপালনৰ মন্ত্ৰী পৰশোত্তম খোড়াভাই ৰূপালাই বিশ্ব বেংকৰ পুঁজিকৃত ৰ অধীনত এই বিস্তাৰ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে৷ একেটা অনুষ্ঠানতে অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় ডেইৰী বিকাশ পৰিষদৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়, য'ত তেওঁলোকে ২,০০০ কোটি টকাৰ ব্যয়সাপেক্ষে পৰৱৰ্তী সাতটা বছৰত দৈনিক দহ লাখ দুগ্ধ উৎপাদন কৰিব পৰাৰ লক্ষ্যেৰে অসমত ছটা নতুন দুগ্ধ প্ৰকল্প প্ৰতিষ্ঠা কৰাৰ কথা ঘোষণা কৰে৷ ইয়াৰ বাবে এটা যৌথ উদ্যোগ আৰম্ভ কৰা হ'ব৷ ইয়াৰ জৰিয়তে অসমৰ ১,৭৫,০০০ কৃষক লাভৱান হ'ব বুলি কোৱা হৈছে৷ কাৰ্য প্ৰণালী দুগ্ধ সংগ্ৰহ ৱামূলে উজনি আৰু নামনি অসমৰ গাঁৱত থকা বহু স্বীকৃতিপ্ৰাপ্ত দুগ্ধ সমবায় সমিতিৰ পৰা দিনটোত দুবাৰকৈ কেঁচা গাখীৰ সংগ্ৰহ কৰে৷ এইসমূহ হৈছে ৱামূলৰ দ্বাৰা অনুমোদিত দুগ্ধ সমবায় সমাজ বা দুগ্ধ উৎপাদক প্ৰতিষ্ঠান৷ দুগ্ধ সংগ্ৰহ কৰাৰ সময়ত তাৰ গুণ আৰু মান প্ৰণালীবদ্ধভাৱে সমবায় কেন্দ্ৰতে পৰীক্ষা কৰা হয়৷ ৱামূলে নিৰ্ধাৰণ কৰি দিয়া মানদণ্ডৰ ভিত্তিত সংগ্ৰহিত এই কেঁচা গাখীৰৰ গুণাগুণ নিৰ্ধাৰণ কৰা হয়৷ সংসাধন ৱামূলৰ সম্পূৰ্ণভাৱে স্বয়ংক্ৰিয় দুগ্ধ প্ৰকল্পটো কামৰূপ (মহানগৰ) জিলাৰ পাঞ্জাবাৰীত অৱস্থিত৷ ইয়াত দৈনিক ৬০,০০০ লিটাৰ দুগ্ধ সংসাধন কৰা হয়৷ বৰ্তমানৰ দুগ্ধ সংসাধন গোটটোত ৫,০০০ লিটাৰ/ঘণ্টা আৰু ১০,০০০ লিটাৰ/ঘণ্টাৰ দুটাকৈ পেষ্টুৰাইজাৰ কাৰ্যক্ষম হৈ আছে৷ ইয়াৰ লগতে সক্ৰিয় হৈ আছে ৫,০০০ লিটাৰ/ঘণ্টাৰ এটা হ'ম'জেনাইজাৰ আৰু ৫,০০০ লিটাৰ/ঘণ্টাৰ এটা ক্ৰিম বিভাজক৷ এইসমূহৰ উপৰিও প্ৰকল্পটোত থকা কিছুমান স্বয়ংক্ৰিয় সৰঞ্জাম/যন্ত্ৰই বিভিন্ন কাৰ্য সম্পাদন কৰে৷ সেইসমূহৰ ভিতৰত পাত্ৰ প্ৰক্ষালক, বাকচ প্ৰক্ষালক, দুগ্ধ পাম্প, সংৰক্ষণ টেংক, বাষ্পিত্ৰ (বইলাৰ), শীতলীকৰণ প্ৰকল্প আৰু স্বয়ংক্ৰিয়ভাৱে কাপ ভৰ্তি কৰা যন্ত্ৰ৷ প্ৰকল্পটিৰ পৰিচ্ছন্নতা নিয়মতিভাৱে বৰ্তাই ৰাখিবলৈ কষ্টিক চ'ডা দ্ৰৱণ, বাষ্প আৰু উতলা পানীৰে ইয়াক দিনত দুবাৰকৈ পৰিষ্কাৰ কৰা হয়। পেকেজিং প্ৰকল্পটিত প্ৰস্তুত হোৱা দুগ্ধজাত সামগ্ৰীৰ পেকেজিং বীজাণুমুক্ত কৰিবলৈ পেকেটৰ অন্তৰ্ভাগ অতি-বেঙুণীয়া ৰশ্মিৰ সংস্পশলৈ অনা হয়৷ ইয়াৰ ফলত 'শূন্য বীজাণু'ৰ নিশ্চয়তা পোৱা যায়৷ পেষ্টুৰাইজদ্ আৰু হ'ম'জেনাইজদ্ গাখীৰ বিপণনৰ বাবে সাজু কৰি তোলাৰ লগতে প্ৰতিটো দুগ্ধজাত পণ্য একে গাখীৰৰ পৰা প্ৰস্তুত কৰা হয় আৰু সৰ্বোচ্চ বিশুদ্ধতাৰ বাবে ইয়াৰ পেকেজিঙো যন্ত্ৰৰ জৰিয়তে কৰা হয়৷ অন্যান্য প্ৰকল্প ২০২১ বৰ্ষৰ বিশ্ব দুগ্ধ দিৱসৰ প্ৰাক্-ক্ষণত পূৰবী ডেইৰীয়ে একাধিক নতুন প্ৰকল্প ঘোষণা কৰে৷ তাৰে ভিতৰত দুগ্ধ সমবায় সমাজত সৌৰ-শক্তি চালিত স্বয়ংক্ৰিয় দুগ্ধ সংগ্ৰহ প্ৰণালী সংস্থাপন, কৃষকসকলৰ বাবে সাৰ ব্যৱস্থাপনা তথা ফ্লেক্সি জৈৱিক গেছ প্ৰণালীৰ ব্যৱস্থা উল্লেখযোগ্য৷ সৌৰ শক্তি চালিত প্ৰণালীটোৰ মুখ্য উদ্দেশ্য হৈছে কাৰ্বন পদচিহ্ন আৰু কাৰ্যকৰী ব্যয় হ্ৰাস কৰা, গাখীৰৰ মানদণ্ড উন্নত কৰা আৰু স্বচ্ছ গাখীৰ সংগ্ৰহৰ এটা পৰিৱেশ সৃষ্টি কৰা। উল্লেখনীয় যে, দুগ্ধৰ উৎপাদন বঢ়াবলৈ আৰু ৰেচন সন্তুলন কাৰ্যসূচীৰ জৰিয়তে সামগ্ৰিক ব্যয় হ্ৰাস কৰিবলৈ প্ৰতিষ্ঠানটোৰ সৈতে ২৮ গৰাকী পশু কাৰ্যবাহী আৰু ৪৫০+ গৰাকী ভ্ৰাম্যমান কৃত্ৰিম গৰ্ভধাৰণ প্ৰকৰ্মী জড়িত হৈ আছে৷ এইসমূহ কাৰ্যসূচীৰ এটা উদ্দেশ্য গৰুৰ বাবে সন্তুলিত খাদ্য বা ৰেচনৰ যোগানত মনোনিৱেশ কৰা৷ এই কাৰ্যসূচীৰ এটা পৰিণতিস্বৰূপে মিথেন নিৰ্গমনৰ মাত্ৰাও হ্ৰাস পোৱা পৰিলক্ষিত হয়৷ কামৰূপ জিলাৰে চাংসাৰীত ৬.১৮ কোটিৰ বিনিয়োগপ্ৰাপ্ত এটা গৰু খাদ্য প্ৰকল্প স্থাপন কৰা হৈছে৷ ৰাজ্য চৰকাৰৰ সমবায় বিভাগৰ সহযোগত আৰু নাবাৰ্ডৰ গ্ৰাম্য আন্তঃগাঁথনি বিকাশ )ৰ উদ্যোগত এই প্ৰকল্পটো অনুমোদিত হৈছে। এই প্ৰকল্পটোৱে ৩,০০০ মেট্ৰিকটন খনিজ মিশ্ৰণৰ লগতে বাইপাছ প্ৰ'টিনযুক্ত আহাৰ প্ৰতি বছৰে উৎপাদন কৰিব পাৰে আৰু ১৫,০০০ মেট্ৰিক টন বাইপাছ প্ৰ'টিন-আধাৰিত গৰু খাদ্য প্ৰস্তুত কৰিব পাৰিব৷ অসম এখন দুগ্ধচহকী ৰাজ্য নহয়৷ আনহাতে বৰ্ণসংকৰ গৰুৰ সংখ্যাও মুঠ গৰুৰ সংখ্যাৰ ৫%তকৈ কম৷ তেনে এক প্ৰেক্ষাপটত অসমত দুগ্ধ উৎপাদন বঢ়াবলৈ ৱামূলে বিশ্ব বেংকৰ পুঁজিৰ সহায়ত অসম চৰকাৰৰ 'অসম ডেইৰী বিকাশ পৰিকল্পনা'ৰ অধীনত দুৱাৰমুখৰ কৃত্ৰিম গৰ্ভধাৰণৰ এক বিশেষ সেৱা মুকলি কৰিছে৷ কৃত্ৰিম গৰ্ভধাৰণৰ দ্বাৰা স্থানীয় গো-পালকসকলক লাভান্বিত কৰিবলৈ ৱামূলে ভাৰতৰ গুজৰাটত থকা ৰাষ্ট্ৰীয় ডেইৰী বিকাশ পৰিষদৰ দ্বাৰা পৰিচালিত শীৰ্ষস্থানীয় বীৰ্য কেন্দ্ৰ 'সবৰমতী আশ্ৰম গৌশালা'ৰ পৰা শীতলীকৃত বীৰ্যৰ পালি সংগ্ৰহ কৰিছে৷ দুগ্ধজাত সামগ্ৰীসমূহ ৱামূলে প্ৰস্তুত কৰা দুগ্ধজাত সামগ্ৰীৰ ভিতৰত ঘিঁউ, ক্ৰিম, পনীৰ, দৈ, মিঠা দৈ, লচ্চী আদি উল্লেখযোগ্য৷ প্ৰকল্পটোৱে স্মাৰ্ট মিল্ক, ষ্টেণ্ডাৰ্ড মিল্ক আৰু পূৰবী গ'ল্ড-এই তিনিটা প্ৰকাৰৰ দুগ্ধৰ বিপণন কৰে৷ শেহতীয়াকৈ বিপণনৰ বাবে সাজু কৰি তোলা পূৰবী গোল্ডত ৬% চৰ্বি আৰু ৯% কঠিন অচৰ্বি আছে৷ বাহ্যিক সংযোগ পূৰবী ডেইৰীৰ আনুষ্ঠানিক ৱেবছাইট তথ্যসূত্ৰ অসমৰ উদ্যোগ সমবায়
25467
https://as.wikipedia.org/wiki/%E0%A6%97%E0%A7%8B%E0%A6%AA%E0%A6%BE%E0%A6%B2%20%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3%20%E0%A6%97%E0%A7%8B%E0%A6%96%E0%A6%B2%E0%A7%87
গোপাল কৃষ্ণ গোখলে
গোপাল কৃষ্ণ গোখলে ভাৰতৰ স্বাধীনতা আন্দোলনৰ আদিযুগৰ এক স্বনামধন্য ৰাজনৈতিক নেতা আৰু এজন বিশিষ্ট সমাজ সংস্কাৰক আছিল। গোখলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীণ নেতা আৰু "চাৰভেণ্টছ অফ ইণ্ডিয়া চছাইটি"ৰ প্ৰতিষ্ঠাপক আছিল। তেখেত গান্ধীজীৰ দৃষ্টিত এজন আদৰ্শ ৰাজনীতিবিদ আছিল। ৰাজনীতিৰ ক্ষেত্ৰত গোখলেৰ নিষ্ঠা, সততা, সাহস আৰু বিনম্ৰতা এই সকলোবোৰ গুণৰ উল্লেখ কৰি গান্ধীজীয়ে প্ৰশংসা কৰিছিল- গান্ধীজীয়ে তেওঁক ৰাজনীতিৰ ক্ষেত্ৰত নিজ গুৰু হিছাপেও বৰণ কৰিছিল। জন্ম গোপাল কৃষ্ণৰ ১৮৬৬ চনৰ ৯ মে তাৰিখে ভাৰতৰ বোম্বাইত (বৰ্তমান মুম্বাই) অৱস্থিত ৰত্নগিৰী জিলাৰ কথলুক নামে গাঁও এখনৰ এটা অতি দুখীয়া ব্ৰাহ্মণ পৰিয়ালত জন্ম হয়। গোখলেৰ দেউতাক কৃষ্ণ ৰাও শ্ৰীধৰৰ ঘৰুৱা অৱস্থা ইমানেই শোচনীয় আছিল যে পৰিয়ালৰ সকলোৰে বাবে সমানে দুসাজ ভাতৰ যোগাৰ সদায় নহৈছিল। এই অসহনীয় দৰিদ্ৰতাৰ মাজতে পুত্ৰ কন্যা সকলোকে এৰি এদিন কৃষ্ণ ৰাও শ্ৰীধৰেও চকু মুদিলে। গোখলে সেই সময়ত এটি অকণমান শিশু। শিক্ষা গোখলেৰ ককায়েকে নিজৰ পঢ়া-শুনা বাদ দি সংসাৰৰ সকলো দায়িত্ব মূৰ পাতি লোৱাৰ লগতে গোপাল কৃষ্ণ গোখলেকো বিদ্যালয়ত নাম লগাই দিলে। সংসাৰৰ অভাৱনীয় দৰিদ্ৰতাই গোখলেৰ ছাত্ৰ জীৱনত বিশেষ বাধাৰ সৃষ্টি কৰিব নোৱাৰিলে। বৰং অৱস্থাৰ প্ৰভাৱে তেওঁক জুয়ে পুৰা সোণৰ দৰে আৰু উজলাই তুলিলে। শিশু অৱস্থাতে তেওঁৰ চিন্তা জগতৰ প্ৰসাৰ ঘটিল। জীৱন সংগ্ৰামে জুৰুলা কৰা এখন বস্তুহাৰা সমাজৰ অভিজ্ঞতাই তেওঁক সঁচা হ’বলৈ, সহনশীল অথচ সাহসী হ’বলৈ, সাহসী হৈও বিনম্ৰ হ’বলৈ শিকালে। ১৯ শতিকাৰ ভাৰতীয় ব্ৰাক্ষণ কুলৰ সন্তান হিছাপে আধ্যাত্মিক চিন্তাতো সমানেই আগবাঢ়ি গৈছিল তেওঁ। আৰু এই চৰ্চ্চাৰ মাজত গঢ় লৈছিল তেওঁৰ নৈতিক চৰিত্ৰই। ১৮৮১ চনত গোখলেই কোলাপুৰৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰি কোলাপুৰৰ ৰাজাৰাম কলেজত নাম ভৰ্তি কৰে। এই কলেজৰ পৰা তেওঁ পুনাৰ দেক্কান কলেজলৈ যায় আৰু চূড়ান্ত ভাৱে বম্বেৰ ফিনষ্টন কলেজৰ পৰা ১৮৮৪ চনত বি.এ. ডিগ্ৰী লাভ কৰি বম্বেৰ আইন কলেজত নাম ভৰ্তি কৰে। অৱশ্যে আইনৰ শিক্ষা সম্পূৰ্ণ নকৰাকৈয়ে তেওঁ এই কলেজৰ পৰা ওলাই আহে। এই সময়তে গোখলেৰ জীৱনত দাদাভাই নৰৌজী, ফিৰোজ চাহ মেহ্তা, জি.ভি. যোশী আৰু ৰাণাদে আদিৰ দৰে ব্যক্তি সকলৰ প্ৰভাৱ পৰে। কৰ্ম জীৱন কলেজীয়া শিক্ষা শেষ কৰিয়েই গোখলেই পুনাৰ দেক্কান এডুকেছন ছ’চাইটিৰ এজন আজীৱন সদস্য হিছাপে এই সন্থাত যোগ দিয়ে। ইয়াৰ পিছত ১৮৮৫ চনত যেতিয়া ফাৰ্ডচন কলেজৰ প্ৰতিষ্ঠা হয় তেতিয়া গোখলেক সেই কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপকৰ পদত নিযুক্তি দিয়া হয়। ১৯০২ চনলৈকে ১৭ বছৰ কাল এই কলেজত অধ্যাপনা কৰি গোখলেই ইয়াৰ পৰা অৱসৰ গ্ৰহণ কৰে। বয়সৰ ফালৰ পৰা তেওঁৰ তেতিয়াও আৰু বহুকাল অধ্যাপনা কৰাৰ সময় আছিল যদিও তেওঁ অৱসৰ লয় কেৱল সামাজিক কামত আত্মনিয়োগ কৰিবৰ বাবে। অৱশ্যে ইতিমধ্যে তেওঁ গণিতৰ এখন স্কুলীয়া পাঠ্যপুথিও লেখি উলিয়ায়। ইয়াৰ কিছুকাল আগতেই ১৮৮৯ চনত গোপাল কৃষ্ণ গোখলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্যভুক্ত হয়। অধ্যাপনা কৰি থকা কালতেই তেওঁ ভালেমান ৰাজহুৱা অনুষ্ঠানৰ সৈতে জড়িত হৈ পৰিছিল আৰু পিছলৈ ৰাজহুৱা কামত সম্পূৰ্ণৰূপে আত্মনিয়োগ কৰাৰ পিছত তেওঁ এই অনুষ্ঠানসমূহৰ সৈতে জড়িত অন্যান্য বিখ্যাত ব্যক্তি সকল যেনে- ৰাণাদে, বাল গঙ্গাধৰ তিলক আদিৰ ঘনিষ্ঠ সম্পৰ্কলৈ আহে। ১৮৯৭ চনত গোখলেই ’ওৱেলবী কমিচান’ নামে জনাজাত ’ৰয়েল কমিচন’ ৰাজকীয় আয়োগত ’দেক্কান’ৰ প্ৰতিনিধিত্ব কৰে। ইয়াৰ পিছত ১৮৯৯ চনত গোখলে বোম্বে লেটিভ ন্সিললৈ আৰু ১৯০২ চনত ইম্পেৰিয়েল লেটিভ কাউন্সিললৈ নিৰ্বাচিত হয়। ১৯০৮ চনত গোখলেক সেই সময়ৰ ভাৰতস্থ ব্ৰিটিছ চৰকাৰৰ সৰ্বোচ্চ সন্মান চি.আই.ই প্ৰদান কৰা হয়। ইয়াৰ এবছৰৰ পিছত ১৯০৫ চনত গোখলে পুনা পৌৰ সভাৰ সভাপতি নিৰ্বাচিত হয়। ১৯১২ চনত তেওঁক ভাৰতীয় লোকসেৱা অয়োগৰ সদস্য মনোনীত কৰা হয়। ১৯১৪ চনত তেওঁলৈ কে.চি.আই.ই সন্মান আগবঢ়োৱা হয়। অৱশ্যে গোখলেই ব্ৰিটিছ শাসকে প্ৰদান কৰা এই সন্মান প্ৰত্যাখ্যান কৰে। জীৱন দৰ্শন গোখলেই ভাৰতীয় জনসাধাৰণৰ মনত জাতীয়তা বোধ জগাই তোলাৰ মানসেৰে ১৯০৫ চনত ’ছাৰ্ভেণ্টচ অব ইণ্ডিয়া ছ’চাইটি’ৰ স্থাপন কৰে। গোখলেৰ জীৱন দৰ্শন প্ৰতিষ্ঠিত হৈছিল গভীৰ আধ্যাত্মিকতাবাদৰ ওপৰত। আৰু আধ্যাত্মিকতাবাদৰ আদৰ্শয়েই নিয়ন্ত্ৰিত কৰিছিল তেওঁৰ ঘৰুৱা আৰু সমাজ জীৱনৰ সকলোবোৰ দিশ। আনকি ৰাজনীতিৰ ক্ষেত্ৰতো তেওঁ আধ্যাত্মিকতাবাদৰ পোষকতা কৰিছিল। এজন আগশাৰীৰ সমাজ সংস্কাৰকৰ ভূমিকাত গোখলেই জাতিভেদ প্ৰথা আৰু অস্পৃশ্যতা আঁতৰাবলৈ চেষ্টা কৰাৰ লগতে ভাৰতীয় সমাজখনক সামগ্ৰিক ভাৱে গ্ৰাস কৰি ৰখা অন্যান্য কু-সংস্কাৰ সমূহৰ বিলোপ সাধনৰ বাবেও অক্লান্ত পৰিশ্ৰম কৰি গৈছিল। ব্ৰিটিছ শাসনৰ ফলত ভাৰতত উদ্ভৱ হোৱা বিষম অৰ্থনৈতিক পৰিণতিৰ কথা উল্লেখ কৰি গোখলেই কৈছিল যে-’ব্ৰিটিছৰ শোষণমূলক শাসনেই ভাৰতৰ অৰ্থনৈতিক দুৰৱস্থাৰ মূল কাৰণ’। সেই সময়ত ইংল্ণ্ডৰ দ্বাৰা ভাৰতত প্ৰৱৰ্তিত ’মুকলি বজাৰৰ’ ঘোৰ বিৰোধিতা কৰি গোখলেই কৈছিল যে-’ইয়াৰ ফলত ভাৰতৰ ক্ষুদ্ৰ উদ্যোগ সমূহৰ বিলোপ সাধন হ’ব’ আৰু তেওঁ ব্ৰিটিছ চৰকাৰৰ ওচৰত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনোৱাৰ লগতে ’মুকলি বজাৰ’ বন্ধ কৰাৰ বাবে দাবী জনাইছিল। কৃষিৰ ক্ষেত্ৰত প্ৰগতি আনিবৰ বাবে গোখলেই নতুন কৃষি পদ্ধতি গ্ৰহণ কৰাৰ ওপৰত জোৰ দিছিল। আৰু লগতে ঋণগ্ৰস্ত দুখীয়া কৃষক সকলক দেনাৰ দায়ৰ পৰা মুক্ত কৰিবলৈ সমবায় বেংক স্থাপনৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছিল। বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত হস্তশিল্পৰ বাহিৰেও আধুনিক কল-কাৰখানা স্থাপনৰ পোষকতা কৰি তেওঁ কৈছিল যে এই ক্ষেত্ৰত আধুনিক কল-কাৰখানা স্থাপন নহ’লে ভাৰত বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত কোনোকালে বাহিৰা পৃথিৱীখনৰ সন্মুখীন হ’ব নোৱাৰিব। ৰাজনৈতিক আৰু সামাজিক জীৱন ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সংস্কাৰৰ ক্ষেত্ৰত থকা তেওঁৰ চিন্তাধাৰা জনসমাজত সদৰি কৰাৰ উদ্দেশ্যে তেওঁ সততে ৰাজহুৱা মঞ্চত উপবিষ্ট হৈছিল। মাত্ৰ কুৰি বছৰ বয়সতেই তেওঁ জীৱনৰ প্ৰথম ৰাজহুৱা ভাষণটি দিয়ে। তেওঁৰ এই ভাষণ আছিল ভাৰতত ব্ৰিটিছ শাসন সম্পৰ্কে। ইয়াৰ পিছত তেওঁ দিয়া ভাষণ সমূহ হ’ল-১৮৯০ চনৰ কলিকতাত কংগ্ৰেছৰ ’লোণ কৰ হ্ৰাস’, ১৮৯২ চনত এলাহাবাদ অধিবেশনত, ১৯০৫ চনত বেনাৰস অধিবেশনত দিয়া সভাপতিৰ অভিভাষণ, ১৯০৮ চনত ধাৰৱাৰ ছ’চিয়েল কনফাৰেন্সত দিয়া ভাষণ আৰু ১৯০৭ চনৰ ৯ ফেব্ৰুৱাৰীত লক্ষ্ণৌত দান কৰা স্বদেশী আন্দোলন সম্পৰ্কীয় ভাষণ। গোখলেই জীৱনৰ প্ৰথম অৱস্থাত সাংবাদিকতাও কৰিছিল। ১৮৮৬ চনৰ পৰা ১৮৮৮ চনৰ ভিতৰত তেওঁ তিলকৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু সম্পাদিত সাপ্তাহিক কাকত ’মহাৰাট্টা’ত নিয়মিত ভাৱে লিখা মেলা কৰিছিল। ইয়াৰ পিছত গোখলেই ১৮৮৮ চনত ’সুধাৰক’ নামে এখন ইংগ মাৰাঠী কাকতৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণেৰে ১৮৯৫ চনলৈকে সাংবাদিকতাৰ কাম অব্যাহত ৰাখে আৰু তাৰ পিছত ’ৰাষ্ট্ৰসভা সামাচাৰ’ নামে এখন কাকত নিজে প্ৰকাশ কৰিবলৈ লয়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম পৰ্য্যায়ত ইয়াক নেতৃত্ব দিয়া ব্যক্তিসকলৰ ভিতৰত গোপাল কৃষ্ণ গোখলে অন্যতম প্ৰধান ব্যক্তি। এই দিশত গোখলে ভাৰতীয় জনসাধাৰণৰ বাবে এজন অতি প্ৰিয় নেতা আৰু ব্ৰিটিছ শাসকৰ বাবে ভয় আৰু শঙ্কাৰ কাৰণ হৈ পৰিছিল। ১৮৯৭ চনৰ পৰা ১৯১৪ চনত ভিতৰত তেওঁ মুঠ সাতবাৰ ইংলণ্ড ভ্ৰমণলৈ যায়। প্ৰতিটো ভ্ৰমণ কালত গোখলেই ভাৰতৰ স্বাৰ্থৰ প্ৰতি সেই দেশত জনমত গঠন কৰাৰ উদ্দেশ্যে কেতবোৰ গুৰুত্বপূৰ্ণ ভাষণ দান কৰে। মৃত্যু প্ৰায় তিনিটা দশক জুৰি নি:স্বাৰ্থ দেশ সেৱাৰ এক বিৰাট নিদৰ্শন ৰাষ্ট্ৰৰ সমুখত থৈ এই মহান ব্যক্তি জনা ১৯১৫ চনত পৰলোকগামী হয়। তথ্য সংগ্ৰহ গ্ৰন্থসম্ভাৰ (1929) 0-8070-5909-9. 19, 1918) (1984); (2006). 0-19-577389-6 (1966) (1933); (2003) 81-291-0202-1 (1977); (1998) 0-19-564751-3 বাহ্যিক সংযোগ ভাৰতৰ ব্যক্তি ভাৰতৰ স্বাধীনতা
72394
https://as.wikipedia.org/wiki/%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%87%E0%A6%A8%20%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%AE%E0%A7%80
ষ্টেন স্বামী
লাছ লোউৰডুস্বামী ২৬ এপ্ৰিল ১৯৩৭ ৫ জুলাই ২০২১), জনপ্ৰিয়ভাবে ষ্টেন স্বামী এগৰাকী ভাৰতীয় ৰোমান কেথলিক ধৰ্মযাজক, জেচুইট আদেশৰ সদস্য, আৰু কেইবা দশক জুৰি জনজাতীয় অধিকাৰ কৰ্মী আছিল। স্বামী ভাৰতত সন্ত্ৰাসবাদৰ অভিযোগত অভিযুক্ত হোৱা আটাইতকৈ বয়সিয়াল ব্যক্তি। ২০২০ চনৰ ৮ অক্টোবৰত স্বামীক ২০১৮ চনৰ ভীমা কোৰেগাঁও হিংসাত তেওঁৰ ভূমিকা আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাওবাদী)ৰ সৈতে সম্পৰ্কৰ বাবে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই গ্ৰেপ্তাৰ কৰে আৰু অভিযোগনামা দাখিল কৰে। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন আৰু কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন দুয়োগৰাকীয়ে স্বামীৰ গ্ৰেপ্তাৰক লৈ আপত্তি দৰ্শাইছিল। ২০২১ চনৰ ৫ জুলাই তাৰিখে তেওঁৰ মৃত্যু হয়। প্ৰাৰম্ভিক জীৱন ১৯৩৭ চনৰ ২৬ এপ্ৰিল তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত মাদ্ৰাজ প্ৰেচিডেন্সিৰ ত্ৰিচীত (বৰ্তমান তিৰুচিৰাপল্লী, তামিলনাডু) জন্ম হৈছিল। ১৯৭০ৰ দশকত তেওঁ ধৰ্মতত্ত্ব অধ্যয়ন কৰে আৰু ফিলিপাইনছত সমাজশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ফিলিপাইনছত থাকোঁতে তেওঁ প্ৰশাসনৰ বিৰুদ্ধে কেইবাটাও প্ৰতিবাদ আৰু প্ৰদৰ্শনৰ সন্মুখীন হয়। পৰৱৰ্তী অধ্যয়নৰ সময়ত তেওঁ ব্ৰাজিলিয়ান কেথলিক আৰ্কবিচপ হেলডাৰ কামাৰাৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল। তেওঁৰ দৰিদ্ৰ লোকসকলৰ সৈতে কৰা কামে স্বামীক প্ৰভাৱিত কৰিছিল। সক্ৰিয়তা তেওঁ ১৯৭৫ চনৰ পৰা ১৯৮৬ চনৰ ভিতৰত বেংগালুৰুত জেচুইট পৰিচালিত ভাৰতীয় সামাজিক প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক আছিল। তেওঁ সংবিধানৰ পঞ্চম অনুসূচী ৰূপায়ণ নকৰাৰ বাবে চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছিল। ভাৰতৰ সংবিধানৰ পঞ্চম অনুসূচী অনুসৰি আদিবাসী আৰু জনজাতীয় লোকসকলৰ সুৰক্ষা, কল্যাণ আৰু উন্নয়নৰ বাবে কেৱল আদিবাসী সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে এটা জনজাতি উপদেষ্টা পৰিষদ গঠন কৰাৰ নিৰ্ধাৰণ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱাৰ দুদিন আগতে প্ৰচাৰিত এটা ভিডিঅ'ত স্বামীয়ে জনাইছিল যে তেওঁৰ গ্ৰেপ্তাৰ তেওঁৰ কামৰ সৈতে সম্পৰ্কিত। কিয়নো তেওঁৰ কাম চৰকাৰী নীতিৰ বিৰুদ্ধে ভিন্নমত জড়িত আছিল। তেওঁৰ ভাষাত: মোৰ সৈতে যি ঘটিছে সেয়া অকলে মোৰ সৈতে হোৱা অদ্বিতীয় ঘটনা নহয়। এয়া এক বিস্তৃত প্ৰক্ৰিয়া যি সমগ্ৰ দেশতে চলি আছে। আমি সকলোৱে জানো যে বিশিষ্ট বুদ্ধিজীৱী, অধিবক্তা লেখক, কবি, কৰ্মী, শিক্ষাৰ্থী, নেতা, তেওঁলোক সকলোকে কেনেকৈ কাৰাগাৰত ৰখা হয় কিয়নো তেওঁলোকে তেওঁলোকৰ ভিন্নমত প্ৰকাশ কৰিছে বা ভাৰতৰ শাসকীয় ক্ষমতাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে। আমি এই প্ৰক্ৰিয়াটোৰ অংশ। এক প্ৰকাৰে মই এই প্ৰক্ৰিয়াটোৰ অংশ হ'বলৈ পাই সুখী। মই নীৰৱ দৰ্শক নহয়, কিন্তু খেলৰ অংশ, আৰু যিয়েই নহওক মূল্য পৰিশোধ কৰিবলৈ মই সাজু। কাৰাগাৰত সক্ৰিয়তা তালোজা কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অৱস্থাত স্বামীয়ে তেওঁৰ জেচুইট সহকৰ্মীলৈ লিখা এখন পত্ৰত বন্দীসকলৰ দুৰ্দশাৰ বিষয়ে উল্লেখ কৰি কয়, "এনে দৰিদ্ৰ বিচাৰাধীন সকলৰ বহুতে নাজানে তেওঁলোকৰ ওপৰত কি অভিযোগ আৰোপ কৰা হৈছে, তেওঁলোকৰ অভিযোগপত্ৰ দেখা নাই আৰু কোনো আইনী বা আন সহায় অবিহনে বছৰ ধৰি কাৰাগাৰত আছে।" তেওঁ চিঠিখন শেষ কৰি কৈছিল, "কিন্তু আমি এতিয়া সমবেত সংগীতত গান গাম। পিঞ্জৰাবদ্ধ চৰাই এটাও গান গাব পাৰে।" গ্ৰেপ্তাৰ ষ্টেন স্বামীক ২০১৮ চনৰ ভীমা কোৰেগাঁও হিংসাত অভিযুক্ত কৰা হৈছিল। তেওঁ দাবী কৰিছিল যে তেওঁ উক্ত সময়ছোৱাত তেওঁ পুনেত নাছিল আৰু তেওঁ কথিত সময়ছোৱাত মাওবাদীৰ সহানুভূতিশীল বুলি অভিযোগ কৰা হৈছিল। অভিযোগ কৰা হৈছিল যে তেওঁ আৰু সুধা ভৰদ্বাজৰ দ্বাৰা প্ৰতিষ্ঠা কৰা নিৰ্যাতিত বন্দী সংহতি সমিতিয়ে "মাওবাদী বুলি লেবেল লগোৱা আৰু কাৰাবন্দী হোৱা প্ৰায় ৩,০০০ পুৰুষ আৰু মহিলাৰ মুক্তিৰ বাবে যুঁজ দিবলৈ", মাওবাদীৰ পুঁজি সংগ্ৰহৰ বাবে এক অভিযান আছিল। জেচুইটসকলে এফ.আৰ. ষ্টেন স্বামীৰ মাওবাদী হোৱাৰ অভিযোগ অস্বীকাৰ কৰি কয় যে ই জেচুইট আদেশৰ নীতিবিৰোধী। তেওঁক এনআইএয়ে ২০২০ চনৰ ৮ অক্টোবৰ তাৰিখে জেচুইট সামাজিক কাৰ্য কেন্দ্ৰ, বাগাইচাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ৰ অধীনত অভিযোগপত্ৰ দাখিল কৰিছিল। এই আইনৰ অধীনত জামিন অস্বীকাৰ কৰিব পাৰি। গোচৰটো প্ৰথমতে পুনে আৰক্ষীৰ দ্বাৰা তদন্ত কৰা হৈছিল কিন্তু পিছত এনআইএক হস্তান্তৰ কৰা হৈছিল। ইয়াৰ পূৰ্বে ২০১৮ চনৰ জুন মাহত ৰাঁচীত একে ধৰণৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। পিপলছ ইউনিয়ন ফৰ চিভিল লিবাৰ্টিজ (পিইউচিএল), অল ইণ্ডিয়া কেথলিক ইউনিয়ন, কেথলিক বিচপছ কনফাৰেন্স অৱ ইণ্ডিয়া, কেৰালা কেথলিক বিচপছ কনফাৰেন্স (কেচিবিচি), কেৰালা লেটিন কেথলিক এছ'চিয়েচন (কেএলচিএ), কেৰালা জেচুইট প্ৰভিন্সিয়েল, ফেডাৰেচন অফ এছিয়ান বিচপছ কনফাৰেন্স (এফএবিচি), আৰু আন্তঃৰাষ্ট্ৰীয় জেচুইট সম্প্ৰদায়ে তেওঁৰ মুক্তিৰ বাবে সমগ্ৰ ভাৰততে ব্যাপক প্ৰতিবাদ কৰিছিল। ৰাঁচী কেথলিক গীৰ্জাইও এক বিবৃতি প্ৰকাশ কৰি কয় যে তেওঁক গ্ৰেপ্তাৰ কৰাৰ ধৰণত ই "দুঃখিত আৰু সমস্যাগ্ৰস্ত" বুলি উল্লেখ কৰিছিল। আদিবাসী সম্প্ৰদায়ৰ মাজত তেওঁৰ কাম, বিচাৰাধীন নিৰ্যাতিত বন্দী সংহতি সমিতিৰ মুক্তি আৰু অন্যান্য আদিৰ বাবে তেওঁৰ গ্ৰেপ্তাৰক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰা হৈছে। অন্যান্য সংখ্যালঘু ধৰ্মৰ নেতাসকলেও তেওঁৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ কৰিছিল। ২০২০ চনৰ ২১ অক্টোবৰত এক প্ৰতিবাদত শশী থাৰুৰ, সীতাৰাম য়েচুৰী, ডি ৰাজা, সুপ্ৰিয়া চুলে আৰু কানিমোঝিৰ দৰে বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলৰ লগতে অৰ্থনীতিবিদ জিন ড্ৰেজ, ৰাঁচীস্থিত জেভিয়াৰ ইনষ্টিটিউট অৱ ছ'চিয়েল চাইন্সৰ সঞ্চালক ড° জোচেফ মাৰিয়ানুছ কুজুৰ, সক্ৰিয়কৰ্মী দয়ামণি বাৰুপ আৰু ৰূপালী যাদৱ, অধিবক্তা মিহিৰ দেশাই ইত্যাদিয়ে তেওঁৰ মুক্তিৰ আহ্বান কৰিছিল। ২০২০ চনৰ অক্টোবৰত স্বামীয়ে পাৰ্কিনছন ৰোগৰ ভুক্তভোগী হোৱাৰ বাবে জামিনৰ বাবে আবেদন কৰিছিল। তেওঁৰ জামিনৰ আবেদন একাধিকবাৰ নাকচ কৰা হৈছিল। ২০২০ চনৰ ৬ নৱেম্বৰত স্বামীয়ে বিশেষ আদালতত এটা ষ্ট্ৰ' আৰু চিপাৰ অনুৰোধ কৰি আবেদন দাখিল কৰে, য'ত কোৱা হয় যে পাৰ্কিনছনৰ বাবে তেওঁ গিলাচ ধৰিবলৈ অক্ষম। স্বামীৰ বাবে এটা ষ্ট্ৰ' আৰু চিপাৰ যোগাৰ ধৰাত পলম হোৱাৰ প্ৰতিক্ৰিয়াস্বৰূপে, ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে অনলাইনত ষ্ট্ৰ আৰু চিপাৰ অৰ্ডাৰ দি সেইবোৰ এনআইএৰ মুম্বাই কাৰ্যালয় আৰু তালোজা কাৰাগাৰত বিতৰণ কৰি প্ৰতিবাদ জনাইছিল। অসুস্থতা আৰু মৃত্যু ষ্টেন স্বামী পাৰ্কিনছন ৰোগ আৰু অন্যান্য বাৰ্ধক্যজনিত ৰোগত ভুগিছিল। কাৰাগাৰত থাকোঁতে তেওঁ একাধিকবাৰ পৰিছিল। তেওঁ দুয়োখন কাণৰ শ্ৰৱণ শক্তি হ্ৰাস পাইছিল আৰু অস্ত্ৰোপচাৰ কৰাবলগীয়া হৈছিল। পাৰ্কিনছনৰ বাবে তেওঁ গিলাচ এটা ধৰি বলৈ সমস্যাৰ সন্মুখীন হৈছিল আৰু কাৰাগাৰত থকা অৱস্থাত এটা চিপাৰ আৰু ষ্ট্ৰ' ৰখাৰ বাবে অনুৰোধ কৰিছিল। ২০২১ চনৰ ১৮ মে'ত বোম্বে উচ্চ ন্যায়ালয়ত দাখিল কৰা এক টোকাত স্বামী কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ বুলি খবৰ পোৱা গৈছিল। স্বামীক পৰীক্ষা কৰিবলৈ ন্যায়ালয়ে বিশেষজ্ঞ সমিতি গঠনৰ নিৰ্দেশ দিয়ে। ২০২১ চনৰ ২১ মে'ত ভিডিঅ' কনফাৰেন্সৰ সন্দৰ্ভত আদালতত হাজিৰ হোৱাৰ সময়ত স্বামীয়ে জে জে হস্পিটেল বা আন কোনো চিকিৎসালয়ত ভৰ্তি হ'বলৈ অস্বীকাৰ কৰে আৰু কেৱল অন্তৱৰ্তীকালীন জামিনৰ বাবে অনুৰোধ কৰে যাতে তেওঁ দ্ৰুতগতিত অৱনতি হোৱা স্বাস্থ্যৰ কথা উল্লেখ কৰি ৰাঁচীত থকা তেওঁৰ ঘৰলৈ যাব পাৰে। ২০২১ চনৰ ২৮ মে'ত বোম্বে উচ্চ ন্যায়ালয়ে মহাৰাষ্ট্ৰ চৰকাৰক স্বামীৰ দ্ৰুত অৱনতি হোৱা স্বাস্থ্যৰ কথা বিবেচনা কৰি ১৫ দিনৰ বাবে ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁক মুম্বাইৰ হলি ফেমিলি হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। ইতিমধ্যে স্বামীৰ দেহত ক'ভিড-১৯ৰ অৱস্থিতি ধৰা পৰিছিল। ২০২১ চনৰ ৪ জুলাই তাৰিখে স্বামীক ভেণ্টিলেটৰ ৰখা হৈছিল কিয়নো তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। বোম্বে উচ্চ ন্যায়ালয়ত জামিনৰ শুনানিৰ পূৰ্বে ২০২১ চনৰ ৫ জুলাইত তেওঁৰ মৃত্যু হয়। বঁটা আৰু সন্মান ২০২১ চনৰ জানুৱাৰী মাহত ষ্টেন স্বামীয়ে মানৱ অধিকাৰৰ বাবে ২০২০ চনৰ মুকুন্দন চি. মেনন বঁটা লাভ কৰিছিল। তথ্য উৎস ভাৰতৰ ব্যক্তি মৃত ব্যক্তি সমাজকৰ্মী ক'ভিড-১৯ বৈশ্বিক মহামাৰীত মৃত্যু হোৱা
29616
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%82%E0%A6%95%E0%A6%BE%20%E0%A6%9A%E0%A7%8B%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE
প্ৰিয়ংকা চোপ্ৰা
প্ৰিয়ংকা চোপ্ৰা জন্ম: ১৮ জুলাই ১৯৮২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। অভিনয় জগতত খোজ পেলোৱাৰ আগতে তেওঁ মডেল হিচাপে কাম কৰে আৰু ২০০৮ চনত মিছ ৱৰ্ল্ড খিতাপ জয় কৰি জনপ্ৰিয়তা লাভ কৰে। বৰ্তমানলৈকে তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু চাৰিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তামিল ছবি থামিজানেৰে ছবিজগতত পদাৰ্পন কৰি তেওঁ "দা হিৰো" (২০০৩)ৰ জৰিয়তে বলীউডত অভিষেক ঘটাই আৰু তাৰ পিছত হিন্দী চলচ্চিত্ৰ "অন্দাজ"ত অভিনয় কৰে যাৰ বাবে তেওঁ ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ বঁটা লাভ কৰে। তাৰ পিছত তেওঁ এতৰাজ, মুঝছে শাদী কৰোগী (২০০৪), ক্ৰিশ্ব (২০০৬), ডন (২০০৬) আদি চলচ্চিত্ৰত অভিনয় কৰি সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে। ২০০৮ চনত তেওঁৰ কেৰিয়াৰে এক নতুন মোৰ লয় যেতিয়া তেওঁ ফেশ্বন ছবিত অভিনয় কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ আৰু ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। তাৰ পিছত তেওঁ কমিনে (২০০৯), ছ ইয়'ৰ ৰাছী (২০০৯) আৰু ৭ খুন মাফ (২০১১)ত অভিনয় কৰে যাৰ বাবে তেওঁ ফিল্মফেয়াৰ সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে। এনেকৈয়ে তেওঁ বলীউডত এক শীৰ্ষমানৰ প্ৰতিভাৱান অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে। চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেওঁ দূৰদৰ্শন আৰু মঞ্চতো অভিনয় কৰিছে। ভাৰতৰ ৰাষ্ট্ৰীয় সংবাদপত্ৰত স্তম্ভ লিখনৰ উপৰিও তেওঁ দান-বৰঙনিমূলক কামতো জড়িত। তেওঁক ভাৰতৰ সবাতোকৈ জনপ্ৰিয় চেলিব্ৰেটীসমূহৰ ভিতৰত এগৰাকী হিচাপে আখ্যা দিয়া হয়। ২০১১ চনত তেওঁ য়ুনিভাৰছেল মিউজিক গ্ৰুপ আৰু "দেশী ছ"ৰ লগত তেওঁৰ প্ৰথম মিউজিক এলবামটো ৰেকৰ্ড আৰু বিশ্বজুৰি মুকলি কৰাৰ বাবে এক চুক্তি স্বাক্ষৰ কৰে। ইয়াৰে প্ৰথম একক "ইন মাই চিটি" ১৩ ছেপ্টেম্বৰ, ২০১২ত মুকলি হয়। প্ৰাৰম্ভিক জীৱন আৰু খিতাপ জয় ১৮ জুলাই ১৯৮২ ত ঝাৰখণ্ডৰ জামছেদপুৰত প্ৰিয়ংকা চোপ্ৰাৰ জন্ম হয়।তেওঁৰ দেউতাক ড॰ অশোক চোপ্ৰা আৰু মাক ড॰ মধু চোপ্ৰা দুয়ো ভাৰতীয় সেনাবাহিনীৰ চিকিৎসক আছিল। তেওঁৰদেউতাক হাৰিয়ানাৰ আম্বালা জিলাৰ এটা পঞ্জাবী পৰিয়ালৰ আছিল আৰু মাক আছিল জামছেদপুৰৰ বিহাৰী কায়স্থ পৰিয়ালৰ। প্ৰিয়ংকাৰ তেওঁতকৈ সাত বছৰে সৰু সিদ্ধাৰ্থ নামৰ ভাতৃ এজনো আছে। অভিনেত্ৰী পৰিনীতি চোপ্ৰা তেওঁৰ সম্বন্ধীয় ভগ্নী। দেউতাক আৰ্মী হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ ভাৰতৰ বিভিন্ন ঠাই যেনে দিল্লী, লক্ষৌ, বৰেলী, ডাখ, চণ্ডীগড়, আম্বালা আদিত শৈশৱকাল কটাইছিল।প্ৰথমতে তেওঁ লক্ষৌৰ ত আৰু বৰেলীৰ ত পঢ়ে। তাৰপিছত তেওঁ আমেৰিকালৈ যায় আৰু নিউটন, মাছাছুছেটচত থকা নিউটন নৰ্থ হাইস্কুল আৰু চেডাৰ ৰেপিডছ, আয়োৱাত থকা জন এফ. কেনেডী হাইস্কুলত শিক্ষাগ্ৰহণ কৰে।তেওঁ পিছত কৈছিল "১৩ বছৰ বয়সতে তিনি বছৰৰ কাৰণে বষ্টনলৈ পঢ়িবলৈ যোৱাটো মোৰ বাবে এক অভাৱনীয় সাংস্কৃতিক পৰিৱৰ্তন আছিল"। চোপ্ৰাৰ মতে তেওঁ কেতিয়াও কেফেটেৰিয়ালৈ নগৈছিল কাৰণ তেওঁ লাইনত থিয় হ'বলৈ নাজানিছিল, ক'ত পইচা দিব লাগে নাজানিছিল আৰু কেনেকে খাব লাগে নাজানিছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ টয়লেটত মনে মনে চিপ্ছ খাইছিল। হ'লেও সেই সময়তো তেওঁ গীৰ্জাঘৰত হোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি নিঠৰুৱাসকলক সহায় কৰা আদি জনহৈতৈষী কামত হাত আগবঢ়াইছিল। তদুপৰি তেওঁ ৰাজ্যিক পৰ্যায়ত নেশ্যনেল অপাচ অনাৰ কয়ৰৰ বাবে নিৰ্বাচিত হৈছিল। বষ্টনত থাকোঁতে তেওঁ পশ্চিমীয়া ধ্ৰুপদী সংগীত, কোৰাচ আৰু কয়ৰ সংগীতৰ লগতে কথক নৃত্যৰ শিক্ষা লয়।দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ অপৰাধী মনোবৈজ্ঞানিক হোৱাৰ সিদ্ধান্ত লয়। ভাৰতলৈ আহি তেওঁ "আৰ্মী পাব্লিক স্কুল"ত পঢ়িবলৈ লয় আৰু মে' কুইন শীৰ্ষক সৌন্দৰ্য্য প্ৰতিযোগিতাত জয়ী হয়। তাৰ পিছত তেওঁ জয় হিন্দ কলেজ, মুম্বাইত নাম লগাই যদিও ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত যোগ দিবৰ বাবে কলেজীয়া শিক্ষা আধাতে সমাপ্ত কৰে। চোপ্ৰাৰ মাতৃয়ে তেওঁৰ অজানিতে তেওঁৰ ফটো এই প্ৰতিযোগিতালৈ পঠিয়াই দিয়ে আৰু তেনেদৰেই তেওঁ গ্লেমাৰ জগতত প্ৰৱেশ কৰে। এই ক্ষেত্ৰত দেউতাকেও তেওঁক সহযোগ কৰে। এই প্ৰতিযোগিতাত তেওঁ লাৰা দত্তৰ পিছত আৰু দিয়া মিৰ্জাৰ আগত অৰ্থাৎ দ্বিতীয় স্থান লাভ কৰে। নিয়ম অনুযায়ী তেওঁক মিছ ৱৰ্ল্ড প্ৰতিযোগিতালৈ পঠিওৱা হয় আৰু তেওঁ ২০০০ বৰ্ষৰ মিছ ৱৰ্ল্ড খিতাপৰ লগতে "মিছ ৱৰ্ল্ড কণ্টিনেণ্টেল কুইন অৱ বিউটী-এছিয়া এণ্ড ওছেনিয়া" খিতাপ জয় কৰে। মানবীয়তাৰ সপক্ষে তেওঁৰ বক্তব্য আৰু মাদাৰ টেৰেছাৰ প্ৰতি থকা আনুগত্যই বিচাৰক সকলক মুগ্ধ কৰে। সেই বছৰতে লাৰা দত্তাই মিছ য়ুনিভাৰ্ছ আৰু দিয়া মিৰ্জাই মিছ এছিয়া পেচিফিক খিতাপ জয় কৰে যি এখন দেশৰ কাৰণে এক বিৰল ঘটনা। এই খিতাপ লাভ কৰা তেওঁ পঞ্চম ভাৰতীয় মহিলা আৰু শেহতীয়া সাত বছৰৰ ভিতৰত চতুৰ্থ ভাৰতীয় মহিলা। খিতাপ জয়ৰ পিছত তেওঁ এবছৰ মিছ ৱৰ্ল্ড অৰগেনাইজেশ্যনৰ লগ লাগি বিশ্বভ্ৰমণ কৰে আৰু অভিনেত্ৰী হবলৈ মন থিৰ কৰে। তেওঁ কয় যে মিছ ৱৰ্ল্ড খিতাপে তেওঁক এক পৰিচয় আৰু খ্যাতি আনি দিয়ে আৰু তেওঁলৈ অভিনয়ৰ প্ৰস্তাৱ আহিবলৈ ধৰে। অভিনয় কেৰিয়াৰ অভিষেক(২০০২-০৩) ২০০২ চনত তামিল ছবি থামিজানৰ প্ৰিয়াৰ চৰিত্ৰটিৰ জৰিয়তে প্ৰিয়ংকা চোপ্ৰাই অভিনয় জীৱন আৰম্ভণি কৰে। ছবিখন প্ৰশংসিত হৈছিল যদিও চোপ্ৰাৰ চৰিত্ৰটিৰ গভীৰতা দেখা পোৱা হোৱা নাছিল। ২০০৩ চনত ছানী দেওল আৰু প্ৰীতি জিণ্টা অভিনীত অনিল শৰ্মাৰ ছবি "দ্য হিৰো লাভ ষ্টৰী অৱ এ স্পাই"ৰ জৰিয়তে তেওঁ বলীউদত খোজ পেলাই। এই চিনেমাখনত তেওঁ শ্বাহিন নামৰ ডাক্তৰ এগৰাকীৰ ভূমিকাত অভিনয় কৰিছিল। সেই বছৰটোৰ সবাতোকৈ বেছি উপাৰ্জন কৰা ছবিসমূহৰ এখন হোৱা সত্ত্বেও সমালোচকসকলে ইয়াক ভালদৰে গ্ৰহণ কৰা নাছিল। হ’লেও চোপ্ৰাই তেওঁৰ প্ৰথম হিন্দী ছবিত কৰা অভিনয়ৰ বাবে ভাল সহাঁৰিয়েই পাইছিল। সেই বছৰৰে পিছৰ ফালে তেওঁ ৰাজ কানৱাৰৰ ছবি অন্দাজত জিয়া নামৰ চৰিত্ৰটিত অভিনয় কৰে যিয়ে অক্ষয় কুমাৰে ৰূপায়ণ কৰা ৰাজ মল্হোট্ৰাৰ নামৰ চৰিত্ৰটিৰ প্ৰেমত পৰে। এই ছবিখন বক্স অফিচত সফল হয়আৰু প্ৰিয়ংকাই ইয়াৰ বাবে শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে আৰু শ্ৰেষ্ঠ সহঃঅভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে। তেওঁৰ চৰিত্ৰটোৰ বিষয়ে আশিস মাগোট্ৰাই ৰেডিফ ডট কমত লিখিছে যে "প্ৰিয়ংকা চোপ্ৰাই অকলেই দৰ্শকৰ মন সহজে জয় কৰিব পাৰে। তেওঁৰ চুটি চুটি সাজপাৰবোৰক ধন্যবাদ"। প্ৰাৰম্ভিক সফলতা (২০০৪-০৮) ২০০৪ চনত চোপ্ৰাই "প্লেন", "কিস্মত" আৰু "অসম্ভৱ"ত অভিনয় কৰে যিকেইখন বক্স অফিচত বিফল হয়। এই বছৰৰ শেষৰ ফালে তেওঁ ডেভিদ ধাৱানৰ হাস্যমধুৰ ছবি "মুঝছে শাদী কৰোগি"ত চলন্ত খান আৰু অক্ষয় কুমাৰৰ বিপৰীতে ৰাণী নামৰ কম বয়সীয়া ফেশ্বন ডিজাইনাৰ এগৰাকীৰ চৰিত্ৰত অভিনয় কৰে। এই ছবিখন বছৰটিত তৃতীয় সৰ্বাধিক উপাৰ্জন কৰে। ইয়াৰ পিছত তেওঁ আব্বাচ মস্তানৰ থ্ৰিলাৰ ছবি "এতৰাজ"ত অক্ষয় কুমাৰ আৰু কৰীণা কাপুৰৰ লগত অভিনয় কৰে। ইয়াত তেওঁ প্ৰথমবাৰৰ বাবে ঋণাত্মক চৰিত্ৰত অভিনয় কৰে আৰু তেওঁৰ অভিনয় প্ৰশংসিত হয়। ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ খলনায়িকাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে আৰু শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰে। তৰণ আদৰ্শই লিখিছে "এতৰাজ সম্পূৰ্ণভাৱে প্ৰিয়ংকা চোপ্ৰাৰ। ইয়াত দ্বিমত নাই। লাগিলে সেয়া কাহিনীত তেওঁৰ প্ৰথম প্ৰৱেশ হওক অথবা সেই দৃশ্যটি যত তেওঁ মুকলিকৈ অক্ষয় কুমাৰক যৌনতাৰ প্ৰস্তাৱ দিয়ে অথবা কৰীণাৰ সৈতেই হঁওক, প্ৰিয়ংকাই নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ পূৰ্ণ সুযোগ পায় আৰু তেনে কৰোঁতে তেওঁ চৰিত্ৰটো সম্পূৰ্ণভাৱে বুজি লয়।" ২০০৫ত তেওঁ ৬খন চিনেমাত অভিনয় কৰে। ইয়াৰে ৪ খন, "ব্লেকমেইল", "কৰম", ন", "বৰসাত"এ ভাল ব্যৱসায় কৰিব নোৱাৰিলে। অৱশ্যে "য়কীন"ত চোপ্ৰাৰ অভিনয় প্ৰসংশিত হয়। ৰেডিফ ডট কমৰ মতে "যদিও তেওঁৰ অংশটি কান্দোনতে সীমাবদ্ধ,প্ৰিয়ংকাইভাল কাম কৰিছে বছৰটোৰ বাকী দুখন ছবি "ৱক্ত দা ৰেচ এগেইন্ষ্ট টাইম" আৰু "ব্লাফমাষ্টাৰ!" আংশিকভাৱে সফল হয়। সুভাষ কে ঝাই ব্লাফমাষ্টাৰত তেওঁৰ অভিনয়ৰ বিষয়ে লিখিছে "চোপ্ৰাৰ বেছি কৰিবলগীয়া নাই। কিন্তু যিখিনি কৰিছে সেইখিনি দৰ্শকৰ চকু কাঢ়িছে"। ২০০৬ত চোপ্ৰাই ৰাকেশ ৰোশনৰ ২০০৪ চনৰ কল্প-বিজ্ঞান ভিত্তিক ছবি "কোই....মিল গয়া"ৰ পৰৱৰ্তী ছবি "ক্ৰিশ্ব্"ত হৃত্তিক ৰোশন আৰু ৰেখাৰ লগত অভিনয় কৰে। এই ছবিখন ব্লকবাষ্টাৰ হিছাপে পৰিগণিত হয় আৰু সেই বছৰটিৰ সৰ্বাধিক উপাৰ্জন কৰে। ইয়াৰ পিছত তেওঁ আপ কি খাতিৰ নামৰ ছবিখনত অক্ষয় খান্না আৰু ডিনো ম'ৰিয়াৰ লগত অভিনয় কৰে। ২০০৬ৰ শেষৰফালে তেওঁ ফাৰহান আখতাৰৰ ডনত শ্বাহৰুখ খানৰ বিপৰীতে অভিনয় কৰে। এইখন ১৯৭৮ চনৰ একে নামৰ ছবিখনৰ ৰিমেক আছিল। পুৰণি ছবিখনত জীনত আমনে অভিনয় কৰা ৰোমা নামৰ চৰিত্ৰত চোপ্ৰাই অভিনয় কৰে। ইয়াৰ বাবে খান আৰু চোপ্ৰাই সমৰ কলাৰ বিশেষ শিক্ষা লয় আৰু ছবিখনত নিজেই ষ্টাণ্ট বোৰত অভিনয় কৰে। এই ছবিখনে ভাৰতৰ লগতে বিদেশতো ভাল ব্যৱসায় কৰে আৰু ব্লকবাষ্টাৰ হিছাপে পৰিগণিত হয়। ইয়াৰ বাহিৰে সেই বছৰতে তিনিখন চিনেমাত তেওঁ বিশেষ ভূমিকাত অভিনয় কৰে। ২০০৭ত তেওঁ নিখিল আদৱানিৰ ছলাম-এ-ইস্ক এ ট্ৰিবিউট টু লাভত অভিনয় কৰে। এই ছবিখন বিফল হয় আৰু চোপ্ৰা তেওঁৰ অভিনয়ৰ বাবে সমালোচিত হয়। তেওঁৰ পৰৱৰ্তী ছবি বিগ ব্ৰাডাৰ-এও ভাল ব্যৱসায় কৰিব নোৱাৰিলে। ২০০৮ত তেওঁ মুঠতে ৬খন ছবিত অভিনয় কৰে। ইয়াৰে "লাভ ষ্টৰী ২০৫০", "চমকু" ,"ড্ৰোনা" আৰু "গড তুচ্ছী গ্ৰেট হো" বিফল হয়। ইয়াৰ লগে লগে সমালোচক সকলে চোপ্ৰাৰ ভুল ছবি নিৰ্বাচন আৰু অভিনয়ৰ ওপৰত আঙুলি টোঁৱাই। অৱশ্যে "ড্ৰোনা"ত তেওঁৰ অভিনয় প্ৰসংশিত হয়। "দা টাইম্ছ অৱ ইণ্ডিয়া"ৰ সমালোচক নিখত কাজমীৰ মতে "প্ৰিয়ংকা চোপ্ৰাই আগতে কেতিয়াও নেদেখুওৱা প্ৰতিভা দেখুৱালে"। সফলতা অৰ্জন (২০০৮- ১১) ২০০৮-২০০৯ বহুকেইখন বিফল ছবিত অভিনয় কৰাৰ পিছত চোপ্ৰাই মধুৰ ভাণ্ডাৰকাৰৰ ফেশ্বন ছবিত মেঘনা মাথুৰ নামৰ কেন্দ্ৰীয় চৰিত্ৰটিত অভিনয়ৰ সুযোগ পাই। এই ছবিখন তথা চোপ্ৰাৰ অভিনয় যথেষ্ট প্ৰশংসিত হয় আৰু ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ, শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা আদিকে ধৰি অনেক বঁটা বাহন লাভ কৰে। ৰাজীৱ মাচাণ্ডে লিখিছে"চোপ্ৰাৰ অভিনয় যথেষ্ট প্ৰশংসনীয় আৰু তেওঁৰ শ্ৰেষ্ঠ অভিনয়সমূহৰ এটা"। এই চলচ্চিত্ৰ খনকেই তেওঁৰ অভিনয় জীৱনৰ টাৰ্ণিং পইণ্ট আখ্যা দিয়া হয়। সেই বছৰতে তৰুণ মনচুখানিৰ হাস্যমধুৰ ৰোমাণ্টিক চলচ্চিত্ৰ দোস্তানাত অভিষেক বচ্চন আৰু জন এব্ৰাহামৰ লগত একেলগে অভিনয় কৰে। এই চলচ্চিত্ৰত দুজন ডেকা ল'ৰাই মহিলা এগৰাকীৰ ঘৰ এটা ভাড়াত পাবলৈ সমকামী হোৱাৰ অভিনয় কৰে আৰু দুয়ো একেজনী ছোৱালীৰ প্ৰেমত পৰে যি তেওঁলোকৰ ৰুমমেট তথা মালিকনী গৰাকীৰ সম্বন্ধীয়। ব্যৱসায়িক দিশত ই যথেষ্ট সফল হয় আৰু ২০০৮ বৰ্ষত অষ্টম সৰ্বাধিক উপাৰ্জন কৰে। চোপ্ৰাই তেওঁৰঅভিনয় তথা সমগ্ৰ ছবিখনত তেওঁৰ সুন্দৰতাৰ বাবে যথেষ্ট প্ৰশংসা পায়। ২০০৯ চনত তেওঁ বিশাল ভৰদ্বাজৰ কমিনে ত শ্বাহিদ কাপুৰৰ বিপৰীতে ছুইটী নামৰ মাৰাথী ছোৱালী এজনীৰ চৰিত্ৰত অভিনয় কৰে। চলচ্চিত্ৰখনৰ লগতে চোপ্ৰাৰ অভিনয়েও যথেষ্ট প্ৰশংসা পায়। তৰণ আদৰ্শই ইয়াক 'প্ৰথম শ্ৰেণীৰ' বুলি অভিহিত কৰি কৈছে যে "তেওঁ চৰিত্ৰটিৰ লগত সম্পূৰ্ণ সমন্বয় ৰাখিছে আৰু চৰিত্ৰটিৰ মহাৰাষ্ট্ৰীয়তা নিখুঁত ভাৱে ফুটাই তুলিব পাৰিছে"। অনুপমা চোপ্ৰাৰ মতে "দেৱ-ডিৰ পাৰোৰ পিছত ছুইটী এই বৰ্ষৰ আকৰ্ষণীয় হিৰোইন আৰু ইয়াত প্ৰিয়ংকাৰ অভিনয় অনন্য"। এই অভিনয়ৰ বাবে তেওঁ আন বহুতো বঁটাৰ লগতে একেৰাহে দ্বিতীয়বাৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ অপ্সৰা বঁটা লাভ কৰে। ইয়াৰ পিছত তেওঁ আশুতোষ গোৱাৰিকৰৰ ছবি "হোৱাট্ছ য়ৰ ৰাছী?" ত সম্পূৰ্ণ স্পষ্ট ১২টা বেলেগ বেলেগ চৰিত্ৰত অভিনয় কৰি গীণিজ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰে। এই চলচ্চিত্ৰখন বিফল হয় যদিও চোপ্ৰাৰ অভিনয় সফল হয়। চলচ্চিত্ৰ সমালোচক সুভাষ কে ঝাই কয় "ই এক অনন্য কৃতিত্ব। প্ৰিয়ংকা তেওঁ অভিনয় কৰা বাৰটা চৰিত্ৰতেই প্ৰাণ ঢালিছে। সামৰণিৰ এটা গীতত তেওঁ আটাইকেইটা চৰিত্ৰ একেলগো কৰে। প্ৰতিটো চৰিত্ৰৰ ব্যক্তিত্ব প্ৰদৰ্শনত তেওঁ সফল হৈছে যিয়ে কাহিনীভাগক এক সমসত্ত্ব গতি প্ৰদান কৰিছে। ২০১০-২০১১ ২০১০ত চোপ্ৰাই যুগল হংসৰাজৰ প্যাৰ ইম্পছিবল ত উদয় চোপ্ৰাৰ বিপৰীতে অভিনয় কৰে। এই ছবিখন বিফল হয়। ইয়াৰ পিছত তেওঁ সিদ্ধাৰ্থ আনন্দৰ অনজানা অনজানিত অভিনয় কৰে। সমালোচকৰ দ্বাৰা প্ৰশংসিত ন'হলেও ই ভাল ব্যৱসায় কৰে আৰু চোপ্ৰাৰ অভিনয়ে মিশ্ৰিত সহাঁৰি পায়। কোমল নেহতাই কৈছে "প্ৰিয়ংকা চোপ্ৰাক আবেদনময়ী দেখা হৈছে আৰু তেওঁৰ অভিনয়ো সুন্দৰ"। ২০১১ত চোপ্ৰাই বিশাল ভৰদ্বাজৰ ৭খুন মাফত ছুছানা এনা-মেৰী জোহান্স নামৰ এগৰাকী ইংগ-ভাৰতীয় মহিলাৰ চৰিত্ৰত অভিনয় কৰে যিয়ে প্ৰকৃত প্ৰেমৰ সন্ধানত ৭ জনকৈ পতিক হত্যা কৰে। ইয়াত তেওঁৰ অভিনয় প্ৰশংসিত হয় আৰু তেওঁ ফিল্মফেয়াৰ সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাৰ লগতে আন বহুতো বঁটা লাভ কৰে। ইয়াৰ পিছত তেওঁ ফাৰহান আখতাৰৰ "ডন ২"ত শ্বাহৰুখ খানৰ সৈতে অভিনয় কৰে। এই ছবিখন সফল হয় আৰু চোপ্ৰাৰ অভিনয়ে ভাল সঁহাৰি পায়। দা এক্সপ্ৰেছ ট্ৰিবিউনে লিখিছে "চোপ্ৰাৰ অভিনয় সুন্দৰ আৰু তেওঁক একশ্যন হিৰোইনৰ বাবে সম্পূৰ্ণ সঠিক নিৰ্বাচন বুলিব পাৰি। যেতিয়াই তুমি তেওঁক অনায়াসে বদমাচ চৰিত্ৰকেইটিক প্ৰহাৰ কৰা দেখিবা, তুমি অনুভৱ কৰিবা যে তেঁৱেই বলীউডৰ প্ৰকৃত একশ্যন অভিনেত্ৰী। মই আচৰিত নহ'ম যদিহে তেওঁ পৰৱতীঁ লাৰা ক্ৰফ্ট বা চতুৰ্থ চাৰ্লিছ ছ হিচাপে নিৰ্বাচিত হয়। এই ছবিখন ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হয়। এই ছবিখনে বহুতো ৰেকৰ্ড ভাঙে আৰু ২০১১ত সৰ্বাধিক উপাৰ্জন কৰে। শেহতীয়া সাফল্য (২০১২- বৰ্তমানলৈ) ২০১২ৰ আৰম্ভণিতে প্ৰিয়ংকাই লছ ছৰ ক্ৰিয়েটিভ আৰ্টিষ্টছ এজেন্সী (চিএএ) নামৰ অনুষ্ঠান এটাৰ লগত চুক্তিবদ্ধ হয়। এই অনুষ্ঠানটোৱে হলীউদত তেওঁৰ অভিনয়মূলক কাম-কাজ চোৱা-চিতা কৰিব। এই বৰ্ষত তেওঁ প্ৰথমতে কৰণ জোহৰৰ অগ্নিপথত হৃত্তিক ৰোশন,সঞ্জয় দত্ত,আৰু ঋষি কাপুৰৰ লগত অভিনয় কৰে যিখন ১৯৯0 চনৰ একে নামৰ ছবিখনৰ ৰিমেক আছিল। এই ছবিখনে সৰ্বাধিক প্ৰথমদিনৰ সংগ্ৰহৰ অভিলেখ গঢ়ে আৰু ই ব্যৱসায়িক ৰূপে সফল হয়। বহুকেইজন সমালোচকে চোপ্ৰাৰ অভিনয়ৰ প্ৰশংসা কৰে। মায়ংক শেখৰে কৈছে "পুৰুষ কেন্দ্ৰিক ছবি এখনত চোপ্ৰাৰ স্থিতি যথেষ্ট সবল"। কোমল নাহতাই লিখিছে "চোপ্ৰা এই তুলনামূলক ভাৱে সৰু চৰিত্ৰটিৰ মাজেদিও জিলিকি উঠিছে। তেওঁ কালীৰ চৰিত্ৰটিৰ লগত ন্যায় কৰিছে। তেওঁৰ নৃত্যসমূহো সুন্দৰ আৰু আবেগবিহ্বল দৃশ্যসমূহতো তেওঁৰ অভিনয় অনন্য"। ইয়াৰপিছত তেওঁ তিনিটা যুগত বিস্তৃত এটা প্ৰেম কাহিনীৰ ভিত্তিত নিৰ্মিত কুনাল কোহলীৰ "তেৰি মেৰি কাহানী"ত অভিনয় কৰে। এই ছবি খনে মিশ্ৰিত সঁহাৰি লাভ কৰে যদিও শ্বাহিদ কাপুৰৰ লগত তেওঁৰ কেমিষ্ট্ৰী প্ৰশংসিত হয়। তৰণ আদৰ্শই লিখিছে "১৯১০ৰ আৰাধনাই হওক বা ১৯৬০ৰূখচাৰ বা ২০১২ৰ ৰাধাই হওক,প্ৰতিটো চৰিত্ৰত তেওঁৰ অভিনয় জীৱন্ত। অৱশ্যে ব্যক্তিগত ভাৱে মই আৰাধনা চৰিত্ৰটো সবাতোকৈ ভাল পাইছো।"অৱশ্যে ব্যৱসায়িক দিশত ছবিখন সিমান সফল নহ'ল। ২০১২ ছেপ্টেম্বৰত চোপ্ৰাই ৰণবীৰ কাপুৰ আৰু ইলিয়ানা ডিক্ৰুজৰ লগত অনুৰাগ বাসুৰ "বৰ্ফি!"ত অভিনয় কৰে য'ত তেওঁ অষ্টিয়া ৰোগত ভোগা ঝিলমিল চেটাৰ্জীৰ চৰিত্ৰত অভিনয় কৰে। এই চৰিত্ৰত অভিনয় কৰাৰ আগতে তেওঁ বহুকেইখন মানসিক চিকিৎসালয়লৈ গৈ অষ্টিয়াত ভোগা ৰোগী কিছুমানক সাক্ষাৎ কৰে। তেওঁ কয় "মই চৰিত্ৰটিত অভিনয় কৰাৰ আগেয়ে কিছু অধ্যয়ন কৰি ল'ব লগা হৈছিল কাৰণ ভাৰতত অষ্টিজম সম্বন্ধে সজাগতা তেনেই কম"। ছবিখন অভাৱনীয় ভাৱে সফল হয় আৰু বহুকেইজন সমালোচকে ইয়াক প্ৰিয়ংকাৰ এতিয়ালৈ সৰ্বশ্ৰেষ্ঠ অভিনয় আখ্যা দিয়ে। ইয়াৰ বাবে চোপ্ৰাই ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন পায়। বৰ্ফিক ৮৫সংখ্যক একাডেমী এৱাৰ্ডছৰ বাবে ভাৰতৰ পৰা প্ৰেৰণ কৰা হয় যদিও ই প্ৰতিযোগিতাৰ দৌৰত বাহিৰ হয়। ইয়াৰ পিছত চোপ্ৰা অভিনীত 'দিৱানা ম্যে দিৱানা' মুকলি হ’ব যাৰ চিত্ৰগ্ৰহণ চাৰি বছৰ আগতে হৈ গৈছে। বৰ্তমান তেওঁ হৃত্তিক ৰোশন, বিবেক ওবেৰয় আৰু কংগণা ৰাণাৱটৰ লগত ২০০৬ ৰ "ক্ৰিশ্ব" ছবিৰ প্ৰিকুৱেল "ক্ৰিশ্ব ৩"ৰ কামত ব্যস্ত আছে য'ত তেওঁ প্ৰিয়াৰ চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ পিছত তেওঁ অপূৰ্ব লাখিয়াৰ "জঞ্জীৰ"ত নৱাগত ৰাম চৰণ তেজ ৰ লগত অভিনয় কৰিব যিখন ১৯৭৩ চনৰ একে নামৰ বোলছবিৰ ৰিমেক। একতা কাপুৰৰ ছবি "মিলান টকিজ" ত অভিনয় কৰিবলৈও তেওঁ চুক্তিবদ্ধ হৈছে। তেওঁ য়শ ৰাজ ফিল্মছৰ বেনাৰত আলি আব্বাছ জাফাৰৰ "গুণ্ডে"ত অৰ্জুন কাপুৰ আৰু ৰণবীৰ সিঙৰ সৈতে অভিনয় কৰিব। তদুপৰি চোপ্ৰাই সঞ্জয় লীলা ভান্সালিয়ে বিশ্ব বক্সিং চেম্পিয়ন মেৰী কমৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰিবলৈ লোৱা ছবিখনতো মুখ্য ভূমিকাত অভিনয় কৰিব। ইয়াৰ বাবে তেওঁ মেৰী কমৰ সৈতে কিছু সময় কটাব আৰু চাৰি মাহৰ বক্সিং প্ৰশিক্ষণো গ্ৰহণ কৰিব। ডিজনীৰ "কাৰ্ছ" আৰু "কাৰ্ছ ২" ৰ শাৰীৰ পৰৱৰ্তী ছবি "প্লেঞ্ছ" ত কণ্ঠ প্ৰক্ষেপ কৰিব বুলিও চোপ্ৰাই নিশ্চিত কৰিছে। অন্যান্য প্ৰচেষ্টা সংগীত কেৰিয়াৰ চোপ্ৰাই প্ৰায়েই বিভিন্ন সাক্ষাৎকাৰত গান গাবলৈ তেওঁৰ মনত থকা প্ৰবল হাবিয়াসৰ কথা প্ৰকাশ কৰি আহিছে আৰু খিতাপ জয়ৰ কালছোৱাত নিজৰ গায়কী প্ৰতিভা ব্যৱহাৰো কৰিছে। তেওঁ কয় "মই সংগীত ভাল পাওঁ কাৰণ মই ইয়াৰ লগতেই ডাঙৰ দীঘল হৈছো আৰু মোৰ দেউতালৈ ধন্যবাদ যিয়ে গান গাই ভাল পায়। আমি ৰাতিপুৱা গান শুনিয়েই সাৰ পাওঁ। মই পঢ়িবলৈ জনাৰ আগতেই গান গাবলৈ হে জানিছিলোঁ"।তামিল চলচ্চিত্ৰ থামিজান(২০০২)ৰ গীতটিত কণ্ঠদান কৰি তেওঁ সংগীতৰ ক্ষেত্ৰখনত খোজ পেলায়। পিছত তেওঁ অভিনয়ত মনোনিবেশ কৰাৰ উদ্দ্যেশ্যে কৰম(২০০৫) বোলছবি খনত "তিনকা তিনকা" গীতটি গাবলৈ অমান্তি হয় আৰু পিছত দূৰদৰ্শনৰ অনুষ্ঠান সা ৰে গা মা পাত গীতটি পৰিবেশন কৰে। ২০১১ৰ আগষ্টত চোপ্ৰাই বিশ্বৰ অগ্ৰণী প্ৰতিষ্ঠান য়ুনিভাৰ্চেল মিউজিক গ্ৰুপ আৰু দেশীহিট্চৰ লগত এক বিশ্বযোৰা বাণীবন্ধন চুক্তিত স্বাক্ষৰ কৰে। এই অনুসৰি তেওঁ নিজৰ প্ৰথম এলবামটি উত্তৰ আমেৰিকাত দেশীহিট্চৰ সৈতে ইণ্টাৰস্কোপ ৰেকৰ্ডছৰ দ্বাৰা আৰু বিশ্ব বজাৰত আইলেণ্ড ৰেকৰ্ডছ য়ুকে(ভাৰতত য়ুনিভাৰ্চেল মিউজিক ইণ্ডিয়া) দ্বাৰা মুকলি কৰিব। বিশ্বজুৰি তেওঁৰ সংগীত কেৰিয়াৰ পৰিচালনা কৰিবলৈ চোপ্ৰাই এটম ফেক্টৰীৰ চি.ই.অ' ট্ৰয় কাৰ্টাৰক নিযুক্ত কৰিছে। উল্লেখনীয় যে এওঁ লেডী গাগাৰো প্ৰবন্ধক। তেওঁ কয় "মোৰ বহুদিনীয়া এক সপোন বাস্তৱায়িত হোৱাৰ পথত। মোৰ সংগীতক বিশ্বৰ দৰবাৰত উপস্থাপন কৰিবলৈ পাই মই খুবেই উৎকণ্ঠিত।" বৰ্তমান এই এলবামটিৰ কাম চলি আছে আৰু ডিচেম্বৰ ২০১২ ই মুক্তি লভা কথা। ইয়াৰে প্ৰথমটি একক 'ইন মাই চিটি' যোৱা ১৩ ছেপ্তেম্বৰত মুকলি হয় য'ত ৰেপাৰ ৱিল.আই.এমে অংশগ্ৰহণ কৰিছে আৰু যাক প্ৰযোজনা কৰিছে ৰেড॰ৱানে। যিহেতু চোপ্ৰাই তেওঁৰ ভাৰতীয় অনুৰাগী সকলে গানটো প্ৰথমতে শুনাটো বিচাৰিছিল,গতিকে ই ভাৰতত আমেৰিকাতকৈ ১২ঘণ্টা আগতে মুকলি হয়। জীৱনত তেওঁ ডাঙৰ দীঘল হোৱা বহুতো চহৰ আৰু এখন সৰু চহৰৰ পৰা জগতবিখ্যাতহ'বলৈ তেওঁ কৰা যাত্ৰাই গীতটিৰ প্ৰেৰণা। মুকলি হোৱাৰ কিছু মিনিট পিছতে ই টুইটাৰত এক নম্বৰ হৈ পৰে। প্ৰথম সপ্তাহতে ১৩০,০০০ কপি বিক্ৰীৰে এই গীতটি ব্যৱসায়িক ভাৱে সফল হয়। ইন মাই চিটি"ৰ বাবে ৱৰ্ল্ড মিউজিক এৱাৰ্ডত শ্ৰেষ্ঠ মহিলা শিল্পী,শ্ৰেষ্ঠ গীত আৰু শ্ৰেষ্ঠ ভিডিঅ' ৰ মনোনয়ন লাভ কৰে। অক্টোবৰ,২০১২ত তেওঁ পিপল্ছ চইজ এৱাৰ্ডত বেষ্ট ইণ্টাৰনেছনেল ডেব্যু এৱাৰ্ড লাভ কৰে। ২০১২ত চোপ্ৰাই আমেৰিকান ডিস্ক জকী তথা প্ৰযোজক দ্য চেইনস্ম'কাৰৰ "ইৰেজ" শীৰ্ষক গীতটিত 'ফিচাৰ্ড আৰ্টিষ্ট' হিচাপে অংশগ্ৰহণ কৰে যিটো ৪ ডিচেম্বৰত আই ট্যুনত মুকলি হয়। উল্লেখ্য যে ২৯ জানুৱাৰী,২০১২ত "ইন মাই চিটি"ৰ আনুষ্ঠানিক ভিডিঅ'ই মুক্তি লাভ কৰিছে। টেলিভিছন আৰু মঞ্চজগত ২০১০ চনত চোপ্ৰা কালাৰ্ছ চেনেলৰ খতৰো কে খিলাড়ীৰ আঁত ধৰোঁতা হয়। বিভিন্ন বিপদজনক দৃশ্যত তেওঁ নিজেই অভিনয় কৰে। এই অনুষ্ঠানটি সফল হয়। ইয়াত তেওঁৰ কামেও প্ৰশংসা পাই আৰু তেওঁ সবাতোকৈ প্ৰভাৱশালী টেলিভিছন অভিষেকৰ ইণ্ডিয়ান টেলি এৱাৰ্ড লাভ কৰে। চোপ্ৰাই প্ৰায়েই বিভিন্ন মঞ্চত অভিনয় কৰে। ২০০৪ ত তেওঁ শ্বাহৰুখ খান,ৰাণী মুখাৰ্জী,ছেইফ আলী খান আদিৰ লগত গোটেই বিশ্বজুৰি ১৯টা মঞ্চ প্ৰদৰ্শন সামৰি লোৱা এক কনচাৰ্ট টুৰত অংশগ্ৰহণ কৰে। ২০১১ ত চোপ্ৰাই শ্বাহৰুখ খান,শ্বাহিদ কাপুৰ আদিৰ লগত ভাৰত দঃ আফ্ৰিকাৰ মাজত থকা সম্পৰ্কৰ ১৫০ বছৰীয়া বৰ্ষপুৰ্তিত ডাবলিনত অনুষ্ঠিত এক বন্ধুত্বপূৰ্ণ কনচাৰ্টত অংশগ্ৰহণ কৰে। ২০১২ ত তেওঁ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ পঞ্চম সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰে। ২০০৭ চনত মিছ ইণ্ডিয়া প্ৰতিযোগিতাত তেওঁ বিচাৰক হিচাপে আত্মপ্ৰকাশ কৰে। ২০০৯ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত তেওঁ প্ৰদৰ্শনকাৰী হিচাপে ভাগ লয় তথা মিছ ৱৰ্ল্ড ২০০৯ ত বিচাৰকো হয়। স্তম্ভলিখন ২০০৯ চনৰ পৰা চোপ্ৰাই হিন্দুস্তান টাইমছ ত 'দা প্ৰিয়ংকা চোপ্ৰা ক'লম' শীৰ্ষক এলানি প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰে। এই কাম কৰাৰ আনন্দপ্ৰকাশ কৰি তেওঁ কয় "মই মানুহজনী খুবেই ব্যক্তিগত আৰু এনেদৰে মোৰ অনুভৱ বোৰ প্ৰকাশ কৰিব পাৰিম বুলি ভবাই নাছিলোঁ। কিন্তু যেতিয়াই মই লিখিবলৈ বহোঁ,মোৰ অভ্যন্তৰীণ চিন্তাবোৰ প্ৰকাশ হয়।" ২০০৯ৰ মাৰ্চত এই লিখা পঢ়ি মতামত আগবঢ়োৱা কেইবাজনো পঢ়ুৱৈৰ লগত তেওঁ ব্যক্তিগতভাৱে যোগাযোগ কৰিবলৈ মনস্থ কৰে। তেওঁ কয় "ইয়াৰ দ্বাৰা মই প্ৰমাণ কৰিব বিচাৰোঁ যে সেই লিখনী সমূহ মোৰেই আৰু প্ৰতি সপ্তাহে মোলৈ অহা অসংখ্য চিঠিবোৰ ময়েই পঢ়ো"। ২০১০ত এই প্ৰবন্ধলানি শেষ হয় যদিও তেওঁ লিখিবলৈ এৰি দিয়া নাই। আগষ্ট ২০১২ৰ টাইমছ অৱ ইণ্ডিয়া ত তেওঁ 'নো ৱ'মেন ইন মুম্বাই ফিল্ছ ছেফ এনী লংগাৰ' শীৰ্ষক এক প্ৰবন্ধ লিখে। ইয়াত তেওঁ ২৫ বছৰীয়া পল্লৱী পুৰকায়স্থৰ কথা লিখে যাক তেওঁ ডন ২ৰ চিত্ৰগ্ৰহণৰ সময়ত লগ পাইছিল। তেওঁ কয় "আমি এইটো হ'ব দিব নোৱাঁৰো। যেনেকৈয়ে নহওক আমি এইটো নিশ্চিত কৰিব লাগিব যে পল্লৱীৰ লগত যি হ'ল সেইটো যাতে আন কাৰোৰে লগত নহয়....আমি মনত ৰাখিব লাগিব যে আমি মহিলাসকল নৱ ভাৰতৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছোঁ। স্বাধীন যুৱতীসকলৰ দক্ষতা আৰু আত্মবিশ্বাসৰ পৰাহে প্ৰকৃত শক্তি আহে। ইয়াক পাহৰা উচিত নহয়"। লোকহিতকৰ কাম কাজ চোপ্ৰাই বিভিন্ন দান বৰঙনিমূলক সংস্থাক সমৰ্থন জনাই আৰু ইয়াৰ ভিতৰত এনডিটিভি ৰ গ্ৰীণান্থনো আছে যিয়ে মানুহক পৰিবেশ-মিত্ৰ হোৱাত সহায় কৰাৰ লগতে গাওঁ সমূহত বিদ্যুৎ সংযোগ হৈছে নে নাই লক্ষ্য কৰে। ফেব্ৰুৱাৰী ২০০৫ ত তেওঁ ২০০৪ চনৰভাৰতীয় মহাসাগৰত হোৱা ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ অন্যান্য বলিউদ তাৰকাসকলৰ লগত হেল্প! নামৰ অনুষ্ঠানএটাত ভাগ লয়। ২০০৬ চনত )ইণ্ডিয়াই এক অনলাইন নিলামঅনুষ্ঠান পাতে য'ত বিজেতা জনে প্ৰিয়ংকাৰ সৈতে এটা দিন কটোৱাৰ সুযোগ পাব আৰু সংগৃহীত পুঁজি নন্থী কলি নামৰ এটা সংস্থালৈ যাব যিয়ে গাওঁ আৰু নগৰত কন্যা শিশু সকলৰ শিক্ষাৰ অৰ্থে কাম কৰে। ২০০৭ চনত তেওঁ এন ডি টি ভি ৰ জয় জোৱান অনুষ্ঠানৰ অধীনত ১৯৬০ চনৰ ভাৰত-চীন যুদ্ধৰ এক প্ৰয়োজনীয় ঘাটি টেংগা প্ৰদৰ্শন কৰি তাৰ জোৱান সকলৰ মনোবল বৃদ্ধিৰ চেষ্টা চলায়। ২০০৯ত চোপ্ৰাই এলাৰ্ট ইণ্ডিয়া নামৰ অনুষ্ঠান এটাৰ বাবে কুষ্ঠৰোগ সম্পৰ্কে সজাগতা অনাৰ বাবে এক তথ্যচিত্ৰত অভিনয় কৰে। তেওঁ স্ত্ৰী শিক্ষা,শিশু কন্যা হত্যা,কন্যা ভ্ৰুণ হত্যা আদিৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈও বিভিন্ন কাম কৰে। ২০১০ত চোপ্ৰাই 'ৱেভ' নামৰ অনুষ্ঠানৰ লগত হাত মিলাই যিয়ে মহিলা সকলৰ উন্নয়নৰ হকে কাম কৰে। গোটেই বিশ্বত শিশুৰ উন্নয়নৰ বাবে য়ুনিচেফে কৰা কাম-কাজৰ প্ৰতি সহযোগ আগবঢ়োৱা বাবে চোপ্ৰাক ২০১০ চনত য়ুনিচেফৰ "গুডৱিল এম্বেচেদৰ পতা হয়। এন ডি টি ভিৰ গ্ৰীণান্থনৰ চতুৰ্থ সংস্কৰণৰ আৰম্ভণি হিচাপে চোপ্ৰাই আগ্ৰাৰ যমুনা নদী খনি পৰিষ্কাৰ কৰে। অভিনেতা মিলিন্দ সুমন,মন্ত্ৰী অভিষেক মিশ্ৰা,স্থানীয় সংস্থাসমূহ আৰু বহুতো ছাত্ৰ-ছাত্ৰীয়ে এই কাৰ্য্যত সহযোগ আগবঢ়াই। গোটেই কাৰ্য্যসূচী সমাপ্ত হ'বলৈ প্ৰায় এঘণ্টা লাগে। জুলাই,২০১২ত চোপ্ৰাই ডিজাইনাৰ মনীষ মালহোট্ৰা আৰু চাইনা এন.চি.য়ে কেন্সাৰ ৰোগীৰ হকে কাম কৰে সংগঠন এটাৰ সহায়ৰ অৰ্থে পতা ফেশ্বন শ্ব' ত অংশগ্ৰহণ কৰে। য়ুনচেফৰ "গুডৱিল এম্বেচেদৰ" হিচাপে চোপ্ৰাই নিজৰ সকলো অংগ দান কৰিছে আৰু আনকো কৰিবলৈ উৎসাহ যোগায়। তেওঁ কয় "যেতিয়া মোৰ দেউতাক এটা অংগৰ প্ৰয়োজন হোৱাৰ সম্ভাৱনাই দেখা দিলে তেতিয়াহে মই অংগদানৰ মহত্ত্ব বুজিলো। অংগ এটা দান কৰি তুমি প্ৰকৃততে এটা জীৱন ৰক্ষা কৰিব পাৰিবা। গতিকে অংগদান কৰা,এটা পৰিৱৰ্তন আনা,এটা জীৱন বচোৱা" স্বাক্ষৰিত চুক্তিসমূহ চোপ্ৰাই এতিয়ালৈকে অসংখ্য বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰিছে আৰু বলীউডত এই ক্ষেত্ৰত এক প্ৰকাৰ শীৰ্ষস্থান দখল কৰিছে। ২০০৯ত এডএক্স ইণ্ডিয়াই চলোৱা এক সমীক্ষাত তেওঁ বাণিজ্যিক চুক্তি স্বাক্ষৰৰ ক্ষেত্ৰত শ্বাহৰুখ খানৰ পিছতেই স্থান লাভ কৰে। ২0১0চনত তেওঁ ব্লেণ্ডাৰ্ছ প্ৰাইড ফেশ্বন টুৰ ৰ ব্ৰেণ্ড হয়। ইয়াৰ উপৰিও তেওঁ ,হিৰো টেগ হিউৱেৰ, জে হেম্পষ্টেড,ভাৰ্জিন কমিক,অস্মি জুৱেলাৰী,লেভিছ, ব্ৰু,নিকন ,গাৰ্ণিয়েৰ ,ডাবৰ, ডিজিটেল ডাইৰেক্ট ব্ৰডকাষ্ট,পেপছি আদি ব্ৰেণ্ডৰ লগতো জড়িত। ভাবমূৰ্ত্তি চোপ্ৰাক ভাৰতৰ অন্যতম জনপ্ৰিয় তাৰকাসমূহৰ ভিতৰত স্থান দিয়া হয়। তেওঁক ভাৰতৰ সবাতোকৈ আকাংখ্যিত মহিলাসকলৰ এগৰাকী হিচাপে তথা ছেক্স চিম্বল হিচাপেও আখ্যা দিয়া হয়। সৰল যদিও শৈলীগত ফেশ্বন পদ্ধতিৰ বাবে তেওঁ জনাজাত। ডিজাইনাৰ ফাল্গুনী আৰু শ্বেন পীককে কৈছে "তেওঁ নিজৰ ছালছটাৰেই আৰামদায়ক অনুভৱ কৰে আৰু যি কাপোৰ পিন্ধে সিয়েই তেওঁক শুৱাই, লাগিলে সেয়া বিকিনিয়েই হঁওক,বা আন কোনো সাজ,বা শাৰী"। বালিঘড়ীৰ দৰে শাৰীৰিক গঠন তথা মৌমাখিৰ শুঙৰ দৰে দুই ওঁঠ আদিয়েই তেওঁৰ ট্ৰেডমাৰ্ক। তেওঁক প্ৰায়ে পিগ্গি নামৰ এটা উপনামেৰে সম্বোধিত কৰা হয় যিটো নাম তেওঁৰ সহযোগী সকলে ব্লাফমাষ্টাৰ ছবিৰ চিত্ৰগ্ৰহণস্থলীত দিছিল। ভাৰতৰ সবাতোকৈ শক্তিশালী,জনপ্ৰিয় তথা আকৰ্ষণীয় তাৰকাসমূহৰ ভিতৰত তেওঁৰ স্থান অতি উচ্চ। ২০০৬ চনত ইষ্টাৰ্ণ আই নামৰ আলোচনী খনে তেওঁক এছিয়াৰ সবাতোকৈ আবেদনময়ী মহিলাৰ খিতাপ দিয়ে। সেইবছৰতে ইবেই অনলাইন ভোটত তেওঁ "ষ্টাইল দিভা অৱ দা ইয়াৰ" খিতাপ পায়। ২০০৯ত ৰেডিফে তেওঁক ভাৰতৰ তৃতীয় সৰ্বাধিক শক্তিশালী অভিনেত্ৰীৰ স্থান দিয়ে। ২০১০ত তেওঁ টাইম্ছ অৱ ইণ্ডিয়াৰ ভাৰতৰ ৫0 গৰাকী আবেদনময়ী মহিলাৰ তালিকাত তৃতীয় স্থান লাভ কৰে আৰু ২০১১ ত চতুৰ্থ স্থান লাভ কৰে। ২০১১ত ভাৰতৰ পিপল আলোচনীয়ে তেওঁক বছৰটোৰ "শ্ৰেষ্ঠ সাজ পাৰ পৰিহিত মহিলা"ৰ আৰু মেক্সিম আলোচনীয়ে "হট্টেষ্ট গাৰ্ল অৱ দা ইয়াৰ" খিতাপ দিয়ে। এপ্ৰিল ২০১২ ত পিনষ্টৰ্ম ইণ্ডিয়াই চলোৱা এক সমীক্ষাত তেওঁ গণ সংযোগ মাধ্যমত সবাতোকৈ বেছি প্ৰভাৱ পেলোৱা তাৰকা হিচাপে পৰিগণিত হয়। ব্যক্তিগত জীৱন প্ৰিয়ংকা চোপ্ৰাৰ পৰিয়ালৰ কোনোজনেই অভিনয়ৰ লগত জড়িত নহয় আৰু এয়া তেওঁ সগৌৰৱে কয়। লগতে তেওঁ নিজ পৰিয়ালক প্ৰয়োজনীয় মানসিক সহযোগ আৰু মৰম দিয়া বাবে প্ৰশংসা কৰে। পৰিয়ালৰ লগত তেওঁৰ সম্বন্ধ অতি গভীৰ আৰু তেওঁৰ কাৰণে পৰিয়ালে বহুতখিনি ত্যাগ কৰিছে যাৰ বাবে তেওঁ কৃতজ্ঞ। দা এক্সপ্ৰেছ ট্ৰিবিউনৰ লগত হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে এই গোটেই যাত্ৰাত তেওঁ বহুতখিনি শিকিব পাৰিছে। তেওঁ কয় -"এই চিনেমাৰ জগতখনলৈ মই কাকো নজনাকৈয়ে আহিছোঁ। যিমানখিনি শিকিছোঁ মই নিজেই শিকিছোঁ। পৰিলেও নিজেই পৰিছো আৰু ইয়াক লৈ মই গৌৰৱ কৰোঁ।" মিডিয়াৰ লগত বহুখিনি মধুৰ সম্পৰ্ক থকা সত্ত্বেও চোপ্ৰাই কেতিয়াও ব্যক্তিগত জীৱনক ৰাজহুৱা কৰা নাই। "মই মোৰ কথা কেতিয়াও ৰাজহুৱা নকৰোঁ। মই যি ইচ্ছা সেয়াই কৰিব পাৰোঁ কিন্তু এটা কাম মই কেতিয়াও কৰা নাই আৰু নকৰোঁ আৰু সেইটো হল নিজা কথা ৰাজহুৱা কৰাটো। এইটো কথাত মই বিশ্বাস নকৰোঁ।" অৱশ্যে তেওঁ কৈছে যে যেতিয়াই ক'ব লগীয়া কিবা থাকে তেওঁ ক'ব বুলিয়ে কৈছে। তেওঁ তেওঁৰ পোহনীয়া কুকুৰ 'ব্ৰেণ্ডো'ৰ লগত থাকে। চলচ্চিত্ৰপঞ্জী তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ভাৰতৰ ব্যক্তি জীৱিত ব্যক্তি ভাৰতীয় অভিনেত্ৰী হলিউড অভিনেত্ৰী সৌন্দৰ্য প্ৰতিযোগী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী পদ্মশ্ৰী বঁটা বিজয়ী শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ফিল্মফেয়াৰ বঁটা
67629
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A7%8B%E0%A6%AE%E0%A7%8B
মোমো
মোমো বা মম' পূব আৰু দক্ষিণ এছিয়াত প্ৰচলিত ময়দা বা তেনেজাতীয় আটাৰ পৰা প্ৰস্তুত কৰা আৰু ভিতৰত মাংস, পাচলি বা পানীৰ আদি সুমুৱাই প্ৰস্তুত কৰা একপ্ৰকাৰৰ খাদ্য। মোমো দক্ষিণ-পশ্চিম চীন অঞ্চল তিব্বতৰ লগতে ভূটান, নেপাল, লাডাখৰ উত্তৰ ভাৰতীয় অঞ্চল, ছিক্কিম, অসম আৰু অৰুণাচল প্ৰদেশৰ লগত উত্তৰ-পূব ভাৰতীয় অঞ্চল, আৰু দাৰ্জিলিংৰ পূব অঞ্চলত প্ৰচলিত। ই ভাৰতীয় উপমহাদেশ এক বিস্তৃত অঞ্চলত জনপ্ৰিয়। মোমো চীনা বাওজি, জিয়াওজি, আৰু মানটু, মংগোলিয়ান বুজ, জাপানী জিয়াজা, কোৰিয়ান মাণ্ডু আৰু তুৰ্কিক মান্তিৰ দৰে, কিন্তু দক্ষিণ এছিয়াৰ মচলা আৰু পাৰম্পৰিক ঔষধিৰ সৈতে ভাৰতীয় উপদেশৰ ৰন্ধনৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত। বৰ্তমান মোমো অত্যন্ত জনপ্ৰিয় আৰু ৰেষ্টুৰেণ্টৰ পৰা পথ বিক্ৰেতালৈ প্ৰতিটো প্ৰকাৰৰ দোকানত পোৱা যায়। নাম শানক্সিত একো ভৰাই নিদিয়া আটাৰ বনবোৰক জিন চীনা ভাষাত প্ৰায়ে মোমো বুলি কোৱা হয়। এয়া সাধাৰণ "ভাপত দিয়া বন।" মোমো নামটো তিব্বত, ভাৰত আৰু নেপাললৈ বিয়পি পৰে আৰু সাধাৰণতে এতিয়া ভিতৰত কিবা সুমুৱাই দিয়া আটাৰ বন বা ডাম্পলিংক মোমো বুজায়। মোমো হৈছে তিব্বতী শব্দ "মোগ মোগ"ৰ কথিত ৰূপ। ঠাইভেদে ইয়াক ভিন ভিন নামেৰে জনাজাত। ইতিহাস মোমোৰ ইতিহাসৰ সঠিক উৎস পোৱা নাযায়। কিন্তু ইয়াৰ নামটোৰ ব্যুৎপত্তি উত্তৰ চীনত হৈছিল বুলি গণ্য কৰা হয়। এই খাদ্যবিধে মধ্য এছিয়াৰ ষ্টেপক প্ৰাচ্য আৰু পশ্চিম দুয়োটালৈ সংযোগ কৰা কাৰাভান পথৰ দ্বাৰা বিয়পি পৰিছিল। মোমো সদৰে ভৰ্তিকৈ তৈয়াৰ কৰা হয়। মোমোৰ লগত ঘনিষ্ঠভাৱে সম্পৰ্কিত গোটৰ খাদ্যক মঙ্গোলিয়ান, তুৰ্কী, পাৰ্চী, উজবেক, আৰু আন বহুতো মধ্য আৰু পূৱ এছিয়াৰ ৰন্ধনশৈলীত প্ৰচলিত একে ধৰণৰ নামেৰে জনা যায়। হিমালয়ৰ মোমো তিব্বতৰ পৰা বিয়পি পৰিছিল বুলি বিশ্বাস কৰা হয় আৰু লগতে তিব্বতী প্ৰবাসীসকলৰ আগমনে বিভিন্ন ঠাইলৈ ইয়াক সিঁচৰত কৰিছিল। যিহেতু এই ব্যঞ্জনটো প্ৰথমতে নেপালৰ কাঠমাণ্ডু উপত্যকাৰ নেৱাৰ সম্প্ৰদায়ৰ মাজত জনপ্ৰিয় আছিল, এক প্ৰচলিত বিশ্বাস অনুসৰি নেপালী নেৱাৰ ব্যৱসায়ীসকলে ভ্ৰমণ কৰি তিব্বতৰ পৰা ইয়াৰ ৰন্ধনশৈলী আৰু মোমো নাম আমদানি কৰিছিল। পিছলৈ তেওঁলোকে দক্ষিণ এছিয়াত ইয়াক বিয়পাই দিয়ে। তিব্বতত পাচলিৰ অভাৱৰ বাবে মোমো ভৰ্তি কৰিবলৈ সাধাৰণতে য়াকৰ মাংস ব্যৱহাৰ কৰা হৈছিল। অৱশ্যে উত্তৰ ভাৰতীয় সমভূমিত উপস্থিত হোৱাৰ পিছত, মোমোত এতিয়া নিৰামিষসকলৰ বৃহৎ জনসংখ্যাৰ চাহিদাৰ বাবে আধুনিক যুগত নিৰামিষ তাৰতম্য অন্তৰ্ভুক্ত হৈছে। কথিত আছে নেপালৰ গৃহযুদ্ধয়ে নেপালী প্ৰবাসীসকলক ভাৰতীয় উপ-মহাদেশত জীৱিকা বিচাৰিবলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰিছিল। তেওঁলোকে হিমালয় শৈলীৰ মোমোৰ ব্যৱহাৰ ভাৰতীয় উপমহাদেশত বিয়পাই দিয়ে। বিৱৰণ মোমো ময়দা বা তেনেজাতীয় আটাৰ সৰু টোপোলা আৰু তাৰ ভিতৰত মাংস বা পাচলি সুমুৱাই ভাপত সিজোৱা ব্যঞ্জন। মোমো নেপাল, তিব্বতৰ লগতে ভূটানৰ নেপালী আৰু তিব্বতী সম্প্ৰদায়ৰ লগতে ভাৰতৰ লাডাখ, উত্তৰ-পূব ভাৰত আৰু দাৰ্জিলিং অঞ্চলৰ লোকসকলৰ মাজত এক পৰম্পৰাগত সুস্বাদু খাদ্য। অঞ্চলভেদে ইয়াৰ প্ৰস্তুত প্ৰণালী আৰু সামগ্ৰীৰ তাৰতম্য দেখা যায়। প্ৰস্তুত প্ৰণালী সাধাৰণতে মোমোৰ বাহিৰৰ আৱৰণ তৈয়াৰ কৰিবলৈ ময়দা আৰু পানীৰ মিশ্ৰণ ভালকৈ মিহলাই গোঠি লোৱা হয়। কেতিয়াবা ইয়াত অকণমান ইষ্ট বা বেকিং চডা যোগ কৰা হয়। পৰম্পৰাগতভাৱে মোমো কিমা বা অতি মিহিকৈ কটা মাংসৰে ভৰ্তি কৰি প্ৰস্তুত কৰা হয়। কিন্তু আধুনিক যুগত এয়া সলনি হৈছে আৰু ভিতৰত সুমুৱাই দিবলৈ বহুতো সামগ্ৰী ব্যৱহাৰ হব ধৰিছে। যেনে মোমো মিহিকৈ কুটা মাংস, পাচলি, টফু, পনীৰ, চীজ, কোমল চুৰপি (স্থানীয় কঠিন চীজ) আৰু পাচলি আৰু মাংসৰ সংমিশ্ৰণৰ যিকোনো সংমিশ্ৰণেৰে প্ৰস্তুত কৰা হয়। মাংস: বিভিন্ন অঞ্চলত বিভিন্ন প্ৰকাৰৰ মাংস পূৰ জনপ্ৰিয়। নেপাল, তিব্বত, দাৰ্জিলিং জিলা, ছিক্কিম আৰু ভূটানত গাহৰি, মুৰ্গী, ছাগলী, গৰু আৰু ম'হৰ মাংস সাধাৰণতে ব্যৱহাৰ কৰা হয়। হিমালয় অঞ্চলত ভেড়া আৰু য়াক মাংস অধিক ব্যৱহাৰ কৰা হয়। কিমা কৰা মাংস নিম্নলিখিত যিকোনো বা সকলোৰে সৈতে একত্ৰিত কৰা হয়: পিঁয়াজ, নহৰু, আদা আৰু ধনিয়া। কিছুমান লোকে মিহিকৈ কটা বিলাহী আৰু চয়া চছ যোগ কৰে পাচলি: মিহিকৈ কটা বন্ধাকপি, গাজৰ, চয়া দানা, আলু, প্লেন বীন (লিলভা কচোৰী) বা স্কুয়াছ ভাৰত আৰু নেপালত প্ৰায়ে ব্যৱহাৰ কৰা হয় চীজ: সাধাৰণতে সতেজ চীজ (পনীৰ) বা পৰম্পৰাগত কোমল চুৰপি ব্যৱহাৰ কৰা হয়। এই প্ৰকাৰটো ভাৰত আৰু পূৱ নেপালত সচৰাচৰ ব্যৱহৃত হয় খয়া: চেনিৰ সৈতে মিহলি কৰা গোটা গাখীৰৰ সৈতে ভৰ্তি মোমো কাঠমাণ্ডু উপত্যকাত মিঠাই হিচাপে জনপ্ৰিয়। ময়দাটো সৰু বৃত্তাকাৰ সমতল টুকুৰালৈ ঘূৰাই দিয়া হয়। তাৰ পিছত পূৰণটো বৃত্তাকাৰ ময়দা আৱৰণত ঘূৰণীয়া পকেটত বা আধা চন্দ্ৰ বা অৰ্ধচন্দ্ৰৰ আকৃতিত আৱৰি ৰখা হয়। মানুহে যথেষ্ট চৰ্বি থকা মাংস পছন্দ কৰে কিয়নো ই গোন্ধযুক্ত ৰসাল মোমো প্ৰস্তুত কৰে। ভৰ্তিটো আৰ্দ্ৰ আৰু ৰসাল ৰাখিবলৈ কেতিয়াবা মাংসত অলপ তেল যোগ কৰা হয়। তাৰ পিছত কেঁচা মোমোবোৰ মোমো তৈয়াৰ কৰা ভাপৰ বাচন এটাত চুপ (হাড় বা পাচলিৰ ওপৰত আধাৰিত ষ্টক) ওপৰত ভাপ কৰি ৰন্ধা হয়। এই বিশেষ বাচনটোক 'মুকটো' বুলি কোৱা হয়। ভাপত সিজা পিছত মোমো বোৰ চাটনি, চছ বা চুপৰ সৈতে পৰিবেশন কৰা হয়। কিছুমানে ভাপত সিজোৱা পিছত পাতলকৈ বা তেলত ডুবাই ভাজি খাই ভাল পায়। প্ৰকাৰ মোমো সাধাৰণতে দুই প্ৰকাৰৰ ভাপত সিজোৱা আৰু ভজা। মোমো সাধাৰণতে এটা ডিপিং চছৰ সৈতে পৰিৱেশন কৰা হয় (স্থানীয়ভাৱে চাটনি/আছাৰ) বুলি কোৱা হয়। সাধাৰণতে এই চাটনি বিলাহীৰ সৈতে আধাৰ উপাদান হিচাপে তৈয়াৰ কৰা হয়। চুপ মোমো হৈছে মাংস বা পাচলিৰ ঝোলত নিমজ্জিত ভাপত দিয়া মোমোৰ সৈতে এটা ব্যঞ্জন। পেন-ফ্ৰাইড মোমোক কোথে মোমো বুলিও কোৱা হয়। গৰম চচত পৰিৱেশন কৰা ভাপৰ মোমোক চি-মোমো বুলি কোৱা হয়। ভাৰতীয় ৰাজ্য ছিক্কিম আৰু দাৰ্জিলিং জিলাত নেপালৰ বিভিন্ন প্ৰকাৰৰ মোমোজাতীয় ব্যঞ্জন পোৱা যায়। ইয়াৰে ভিতৰত আছে টিংমো আৰু থাইপো অন্যতম। চিত্ৰ বিথিকা তথ্য উৎস খাদ্য অসমৰ
98340
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%82%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%BF
সংক্ৰান্তি
গ্ৰন্থৰ পৰিচয় সংক্ৰান্তি এখন ত্ৰিভাষিক (অসমীয়া ভাষা, বঙালী ভাষা আৰু ইংৰাজী ভাষা) গ্ৰন্থ৷ গ্ৰন্থখনৰ সংকলক আৰু সম্পাদক দেৱেন দেৱান৷ আছাম ছচিঅ’-লিটাৰেৰী ক্লাবে প্ৰকাশ কৰা গ্ৰন্থখন প্ৰথম প্ৰকাশ পাইছিল জানুৱাৰী ২০১৯ ত৷ গ্ৰন্থখনত অসমীয়া ভাষাৰ ৬৮ টা, বাংলা ভাষাৰ ২৯টা আৰু ইংৰাজী ভাষাত ১৪টা প্ৰবন্ধ সন্নিৱিষ্ট কৰিছে৷ শেষৰফালে এ.এছ.এল ক্লাবৰ পৰিচয়, লেখক সকলৰ পৰিচয় আৰু অন্যান্য কিছু প্ৰাসংগিক তথ্য সন্নিৱিষ্ট কৰিছে৷ সংক্ৰান্তিৰ মূল বিষয়বস্তু হ’ল অসমীয়া ছাত্ৰৰ সাহিত্য সভা, অসম আৰু কলিকতাৰ সাহিত্য-সমাজ-সংস্কৃতিৰ সম্পৰ্কৰ ইতিহাস অধ্যয়ন৷ গ্ৰন্থখনৰ পৃষ্ঠাৰ সংখ্যা ৪৭৯৷ অসমীয়া প্ৰবন্ধসমূহ আৰু লেখকসকল ডেৰশ বছৰত উপনীত এ.এছ.এল ক্লাব আৰু কিছু প্ৰাসংগিক চৰ্চা——— সম্পাদকীয় নিবন্ধ ’’’চিন্তা-কোষ’’’ৰ চিন্তা——— অম্বিকানাথ বৰা কলিকতা নগৰৰ বিৱৰণ——— আনন্দৰাম ঢেকিয়াল ফুকন কলিকতাৰ সুখিয়াতি———— কিনাৰাম সত্ৰীয়া জোনাকী (আলোচনী) যুগ———— বেণুধৰ শৰ্মা কলিকতালৈ মোহ————যজ্ঞেশ্বৰ শৰ্মা কলিকতাত অসমীয়া ভাষা-সাহিত্যচৰ্চাঃ স্মৃতি-ৰোমন্থন———— ৰঘুনাথ দেৱচৌধুৰী এ এছ এল ক্লাবৰ সোঁৱৰণ——— লক্ষেশ্বৰ শৰ্মা অ ভা উ সাৰ পৰা এ এছ এল ক্লাবলৈ——— মুনীন বৰকটকী কলিকতাৰ এ এছ এল ক্লাব———— পাৰ্বতী নাথ শৰ্মা বহুকথা ক’বলৈ মন যায়————ভূপেন হাজৰিকা আমাৰ দিনৰএ এছ এল ক্লাব——— নৰেশ ৰাজখোৱা এ এছ এল ক্লাব আৰু কিছু সৰু-বৰ কথা——— গুৰুপদ চৌধুৰী চল্লিশৰ দশকত কলিকতাত পাঁচ বছৰ——— বিনয় কুমাৰ তামোলী এ এছ এল ক্লাব আৰু মোৰ শৈশৱ——— দেৱযানী চলিহা এ এছ এল ক্লাবৰ বিষয়ে দুআষাৰ——— হেম শৰ্মা মই দেখা চল্লিশ দশকৰ কলিকতা———— বলীন্দ্ৰ নাথ শৰ্মা সত্তৰ-আশী দশকৰ এ এছ এল ক্লাবৰ কাৰ্যাৱলীত এভূমুকি——— নেকিব আহমেদ এ এছ এল ক্লাবৰ জয়ন্তী——— চন্দ্ৰপ্ৰসাদ শইকীয়া কলিকতাত সাহিত্যৰথী বেজবৰুৱাৰ মূৰ্তি প্ৰতিষ্ঠাৰ কথা——— চন্দ্ৰপ্ৰসাদ শইকীয়া অ ভা উ সা সভাৰ পৰা এ এছ এল ক্লাবলৈ——— গৌতম প্ৰসাদ বৰুৱা কলিকতাৰ এ এছ এল ক্লাবৰ ১২৫ বছৰীয়া জয়ন্তী উদযাপন অনুষ্ঠান——— প্ৰফুল্ল কুমাৰ মহন্ত ত অনুভৱত কলিকতা আৰু এ এছ এল ক্লাবৰ সান্নিধ্য——— অনুৰাধা শৰ্মা পূজাৰী এ এছ এল ক্লাবৰ সৈতে মোৰ দিনবোৰ——— অম্লান বৰুৱা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ পৰা অসম সাহিত্য সভালৈ——— উপেন্দ্ৰ বৰকটকী অসমীয়া ভাষা উন্নতি সাধিনী সভাঃ এটি সমীক্ষা——— যতীন্দ্ৰনাথ গোস্বামী কলিকতাত অসমীয়া ভাষা-সাহিত্যৰ এছোৱা——— যোগেন্দ্ৰ নাৰায়ণ ভূঞা অ ভা উ সা সভাৰ পিতৃস্বৰূপ হেমচন্দ্ৰ গোস্বামী——— ফণী তালুকদাৰ অসম সাহিত্য সভা আৰু এ এছ এল ক্লাব কলিকতাৰ দ্বাৰা আয়োজিত অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু জোনাকী আলোচনীৰ প্ৰতিষ্ঠাৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠান প্ৰফুল্ল কুমাৰ মহন্ত অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু ’’জোনাকী’’ৰ শতবাৰ্ষিকী অনুষ্ঠান ———কীৰ্তিনাথ হাজৰিকা ’’’জোনাকী’’’ৰ পৰা জোনৰ দেশলৈ———— ফণী তালুকদাৰ ’’’সংক্ৰান্তি ’’’আৰু অন্যান্য শংকৰ প্ৰসাদ কাকতী বৰা কলিকতীয়া ’জোনাক’ ৰজেউতি এটি পশ্চাদ অৱলোকন মলয়া খাওন্দ ’’’জোনাকী’’’ ৰ পৰা ’’’ৰামধেনু’’’ লৈ শৈলেন ভৰালী জোনাকী’’’ৰ পৰা এ এছ এল ক্লাবৰ ’’’সংক্ৰান্তি’’’লৈ ৰাম গোস্বামী ’’’জোনাকী’’’ৰ সহচৰী ’’’বিজুলী’’’——— সত্যেন্দ্ৰনাথ শৰ্মা জোনাকী যুগ আৰু লক্ষ্মীনাথ বেজবৰুৱা——— সুনীল পৱন বৰুৱা অসমীয়া সমবাদ-পত্ৰ প্ৰকাশত কলিকতাৰ ডুখৰীয়া ছবি——— প্ৰসন্ন কুমাৰ ফুকন যোৱা শতিকাৰ কবিতাৰ সমীক্ষণঃ ’’’জোনাকী ’’’যুগ দিলীপ বৰুৱা ঊনৈছ শতিকাৰ নৱজাগৰণৰ পটভূমিত অসমৰ স্ত্ৰীশিক্ষাৰ সম্প্ৰসাৰণত কলিকতাৰ দান প্ৰীতি বৰুৱা ঊনৈছ শতিকাৰ অসমীয়া বিদ্বৎ সমাজৰ বাংলা ভাষা-সাহিত্যচৰ্চা প্ৰসূন বৰ্মন অসমীয়া চলচ্চিত্ৰ আৰু কলিকতা গিৰিশ চৌধুৰী স্মৃতি বিষাদৰ মাজেদি কলিকতালৈ প্ৰেমাঞ্জলি নিৰুপমা বৰগোহাঞি কলিকতা ৩০০ নৱকান্ত বৰুৱা কলিকতা শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) পুৰিণ কলিকতাত অসমীয়া পৰিয়াল নৱকান্ত বৰুৱা অসমীয়া বাঙালিৰ বৈবাহিক সম্পৰ্কঃ তেওঁলোকৰ উত্তৰসূৰীসকলৰ কিছু কথা কুমুদেশ্বৰ হাজৰিকা ঐতিহাসিক পটভূমিত অসমীয়া আৰু বাঙালিৰ সম্পৰ্কঃ এটি ৰূপৰেখা নগেন শইকীয়া অসমীয়া আৰু বাঙালিৰ সম্পৰ্কঃ এক ঐতিহাসিক বিহঙ্গম-দৃষ্টি বীৰেন্দ্ৰনাথ দত্ত অগ্ৰগামী অসমীয়া বাৰু বাঙালীৰ মিলন মেদিনী চৌধুৰী বংগৰ নৱজাগৰণ আৰু অসম যোগেন্দ্ৰ নাৰায়ণ ভূঞা কৃষ্টি সংযোগ সূৰ্যকুমাৰ ভূঞা সাম্প্ৰতিক কলিকতাত অসমীয়া ভাষা-সাহিত্যচৰ্চা দেৱেন দেৱান অসমীয়া গ্ৰন্থাদি মুদ্ৰণত কলিকতাৰ ভূমিকা আৰু কিছু আনুষঙ্গিক কথা দেৱেন দেৱান সংবাদ-পত্ৰত’’’ সংক্ৰান্তি’’’– সংগৃহীত কিছু টুকুৰা খবৰ সংগৃহীত কেইখনমান চমু প্ৰতিবেদনত সাম্প্ৰতিক এ এছ এল ক্লাব এ এছ এল কল্াবৰ পূৰ্বাপৰ সভাপতি আৰু সাধাৰণ সম্পাদক সকলঃ এক অৱলোকন সাম্প্ৰতিক কলিকতাবাসী কেইগৰাকীমান গুণী অসমীয়া ব্যক্তিত্ব কলিকতাত সাম্প্ৰতিক শিল্পকলাৰ ক্ষেত্ৰত কেইগৰাকীমান অসম সন্তান শশীন্দ্ৰ কুমাৰ অধিকাৰী শ্ৰদ্ধাৰ্ঘ্য বেজবৰুৱা মানুহজন ————নীলমণি ফুকন (জ্যেষ্ঠ) ভোলানাথ বৰুৱা সৰ্বেশ্বৰ শৰ্মা কটকী সদাগৰ ভোলানাথ বৰুৱা আৰু তেওঁৰ শেষ ইচ্ছা-পত্ৰ চিদানন্দ বৰুৱা মাধৱচন্দ্ৰ বেজবৰুৱা আৰু গুৱাহাটী বিশ্ববিদ্যালয় হৰেন্দ্ৰনাথ কলিতা অসমৰ সংস্কৃতিৰ এক গৌৰোৱোজ্জ্বল অধ্যায়ঃ হেমাঙ্গ বিশ্বাস পৰমানন্দ মজুমদাৰ অসমীয়া মহিলা সংস্থা আৰু ’ঘৰুৱা’——— অনুৰাধা শৰ্মা পূজাৰী কলিকতাস্থ ভাৰতৰ জাতীয় গ্ৰন্থাগাৰ আৰু অসমীয়া গ্ৰন্থ তথা প্ৰকাশক কৰুণা কান্ত ডেকা কলিকতীয়া অসমীয়াৰ মিলন কেন্দ্ৰঃ ৮, ৰাছেল ষ্ট্ৰীট দেৱেন দেৱান কিছু আলোকচিত্ৰত এ এছ এল ক্লাব বাংলা প্ৰবন্ধ আৰু লেখকসকল বৈষ্ণৱ ও শাক্তভূমি অসম শংকু মহাৰাজ অসমে বাংলাৰ নৱজাগৃতিৰ প্ৰভাৱ অমলেন্দু গুহ ঊনবিংশ শতাব্দীৰ প্ৰাৰম্ভে অসমিয়া নৱযুগেৰ ওপৰ বাঙালি-প্ৰভাৱ——— হীৰেন গোহাঁই উনিশ শতকে অসম আৰ বংগদেশেৰ মধ্যে সাংস্কৃতিক সংযোগঃ বংকিমচন্দ্ৰ এবং ৰজনীকান্ত বৰদলৈ অজিৎ বৰুৱা (অজিৎ বৰুৱা) উনিশ শতকে অসমিয়া বাঙালি সাংস্কৃতিক সম্পৰ্কঃ একটি ঐতিহাসিক দৃষ্টিপাত অমলেন্দু গুহ ঊনবিংশ শতাব্দীতে সংস্কৃত চৰ্চাৰ মাধ্যমে অসম ও বংগেৰ মধ্যে যোগসূত্ৰ স্থাপন সত্যৰঞ্জন বন্দোপাধ্যায় ঊনবিংশ শতাব্দীতে বাংলা-অসম সাংস্কৃতিক-সাহিত্যিক সম্পৰ্ক অৰুণ কুমাৰ মুখোপাধ্যায় অসমিয়া, বাংলা দুই ভাষাৰ বন্ধন পবিত্ৰ সৰকাৰ অসমিয়া সাহিত্যেৰ ’’’জোনাকী যুগ’’’ ও ’’’সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা হেমাঙ্গ বিশ্বাস জোনাকী’’’ৰ শতবৰ্ষ গৌৰকিশোৰ ঘোষ অসমিয়া সাহিত্যে জোনাকী যুগ শঙ্কৰপ্ৰসাদ কাকতী বৰা কলকাতা ও আধুনিক অসমীয়া সাহিত্য লক্ষ্মী মুখোপাধ্যায় ভাৰতপন্থী লক্ষ্মীনাথ ক্ষিতীশ ৰায় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা জন্ম-শতবাৰ্ষিকী অন্নদাশঙ্কৰ ৰায় ঠাকুৰ পৰিবাৰ ও অসম শোভন সোম অসম আৰু বঙ্গেৰ সেতুবন্ধনে বৌ-ঝি দেৱেন দেওয়ান ৰবীন্দ্ৰনাথ ও লক্ষ্মীনাথঃ সম্পৰ্কেৰ পুনৰ্বিচাৰ——— উষাৰঞ্জন ভট্টাচাৰ্য অসম ও বাংলাৰ সাংস্কৃতিক সম্পৰ্ক লক্ষ্মী মুখোপাধ্যায় একটি নদী, একটি ৰাজ্য ও একটি লোকগীতি ———হেমাঙ্গ বিশ্বাস ব্ৰহ্মপুত্ৰ শিশিৰকুমাৰ দাশ বাংলা ভাষায় শঙ্কৰদেৱ ও উমেশচন্দ্ৰ দেৱ মন্দিৰা দাশ ’’’আসামবন্ধু’’’ স্যাৰ আশুতোষ মুখোপাধ্যায় প্ৰশান্ত চক্ৰৱৰ্তী শত শতং জীৱতু ’অসম’ গোপাল হালদাৰ ’অসম’ তোমাকে আমি ভালোবাসি দেবব্ৰত মুখোপাধ্যায় বাল্যেৰ ক্ৰীড়াভূমি কণা বসু মিশ্ৰ ইতিহাসেৰ পটভূমিকায় অসমেৰ নাৰী বীণা মিশ্ৰ প্ৰান্ত থেকে প্ৰান্তৰ দেবেশ ৰায় দৰ্পণে নিজেৰ মুখ আশিস সান্যাল অসমিয়া-বাঙালিঃ সম্পৰ্কেৰ পালাবদল মাণিক দাস ইংৰাজী প্ৰবন্ধ আৰু লেখকসকল (1864-1938) অন্যান্য লেখক পৰিচিতি প্ৰাসংগিক তথ্য
66638
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%20%E0%A6%AE%E0%A6%BE%E0%A6%A4%E0%A7%83%20%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%A8%E0%A6%BE%20%E0%A6%AF%E0%A7%8B%E0%A6%9C%E0%A6%A8%E0%A6%BE
প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা
প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালনা কৰা এক মাতৃত্বকালীন লাভালাভ কাৰ্যসূচী। ২০১০ চনত এই যোজনা প্ৰৱৰ্তন কৰা হৈছিল আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ইয়াক ৰূপায়ণ কৰে। এয়া ১৯ বছৰ বা তাতকৈ অধিক বয়সৰ গৰ্ভৱতী আৰু স্তন্যপান কৰোৱা মহিলাসকলৰ বাবে এক চৰ্তসাপেক্ষ নগদ স্থানান্তৰ আঁচনি। ই মহিলাসকলক সন্তান জন্ম আৰু শিশু যত্নৰ সময়ত মজুৰি-ক্ষতিৰ বাবে আৰু সুৰক্ষিত প্ৰসৱ আৰু ভাল পুষ্টি আৰু আহাৰ প্ৰদান ৰখাৰ বাবে চৰ্ত প্ৰদান কৰাৰ বাবে আংশিক মজুৰি ক্ষতিপূৰণ প্ৰদান কৰে। ২০১৩ চনত আঁচনিখনত উল্লেখ কৰা ₹৬,০০০ নগদ মাতৃত্বকালীন লাভালাভৰ ব্যৱস্থা ৰূপায়ণ কৰিবলৈ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৯ৰ অধীনত অনা হৈছিল। আঁচনিখন প্ৰথমে ৫৩টা নিৰ্বাচিত জিলাত পাইলট আধাৰত ৰূপায়ণ কৰা হয় আৰু ২০১৫-১৬ চনত ইয়াক ২০০ অতিৰিক্ত 'উচ্চ বোজা জিলা' লৈকে বৃদ্ধি কৰাৰ প্ৰস্তাৱ বিবেচনা কৰা হৈছিল। যোগ্য হিতাধিকাৰীসকলে প্ৰাতিষ্ঠানিক প্ৰসৱৰ বাবে জননী সুৰক্ষা যোজনাৰ অধীনত দিয়া উদগনি প্ৰাপ্ত কৰে আৰু ইয়াৰ অধীনত প্ৰাপ্ত কৰা উদগনি মাতৃত্বকালীন লাভালাভৰ বাবে হ'ব যাতে গড়ে এগৰাকী মহিলাই ₹৬,০০০ লাভ কৰে। ২০১৭ চনত আঁচনিখন পূৰ্বৰ ইন্দিৰা গান্ধী মাতৃত্ব সহযোগ যোজনাৰ পৰা প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনালৈ নামকৰণ কৰা আৰু মাতৃত্ব লাভ কাৰ্যসূচী সমগ্ৰ ৰাষ্ট্ৰক অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৭ চনৰ নতুন বছৰৰ আগৰ ভাষণত ঘোষণা কৰে যে দেশৰ ৬৫০খন জিলাক অন্তৰ্ভুক্ত কৰিবলৈ আঁচনিখন বৃদ্ধি কৰা হ'ব। ঘোষণাটো গুৰুত্বপূৰ্ণ কিয়নো ভাৰতত বিশ্বৰ সকলো মাতৃৰ মৃত্যুৰ ১৭% আছে। দেশৰ মাতৃ মৃত্যুৰ অনুপাত প্ৰতি ১,০০,০০০ জীৱন্ত জন্মত ১১৩ বুলি অনুমান কৰা হৈছে, আনহাতে প্ৰতি ১,০০০ জীৱন্ত জন্মত শিশুমৃত্যুৰ হাৰ ৩২ বুলি অনুমান কৰা হৈছে। উচ্চ মাতৃ আৰু শিশু মৃত্যুৰ প্ৰাথমিক কাৰণবোৰৰ ভিতৰত গৰ্ভধাৰণ আৰু সন্তান জন্মৰ সময়ত দুৰ্বল পুষ্টি আৰু অপৰ্যাপ্ত চিকিৎসা সেৱা অন্যতম। ইতিহাস ২০১৪ চনত ইন্দিৰা গান্ধী মাতৃত্ব সহযোগ যোজনা আৰু পুনৰ ২০১৭ চনত প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা হিচাপে ইয়াক নামকৰণ কৰা হৈছিল। উদ্দেশ্য প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ উদ্দেশ্যসমূহ হল: গৰ্ভধাৰণ, প্ৰসৱ আৰু স্তন্যপান কৰোৱা সময়ত উপযুক্ত অনুশীলন, যত্ন আৰু প্ৰাতিষ্ঠানিক সেৱাৰ ব্যৱহাৰ বৃদ্ধি কৰা মহিলাসকলক প্ৰথম ছয় মাহৰ বাবে আগতীয়া আৰু স্তন্যপান সহ (অনুকূল) পুষ্টি আৰু আহাৰ প্ৰদান অব্যাহত ৰখা প্ৰক্ৰিয়া অনুসৰণ কৰিবলৈ উৎসাহিত কৰা; আৰু গৰ্ভৱতী আৰু স্তন্যপান কৰা মাতৃসকলক উন্নত স্বাস্থ্য আৰু পুষ্টিৰ বাবে নগদ উদগনি প্ৰদান কৰা। এই যোজনাৰ অধিনিত ৰাজ্য চৰকাৰসমূহক সাহায্য অনুদান হিচাপে বিত্তীয় সহায় প্ৰদান কৰা হয়। যোগ্যতা আৰু চৰ্তসমূহ প্ৰথমতে আঁচনিখন আইনত উল্লেখ কৰা ₹৬,০০০ নগদ মাতৃত্বকালীন লাভালাভৰ ব্যৱস্থা ৰূপায়ণ কৰিবলৈ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ৰ অধীনত অনা হৈছিল। তাৰ পিছত, ১৯ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো গৰ্ভৱতী মহিলাক পৰিশোধ কৰা মাতৃত্বকালীন ছুটি প্ৰাপ্ত কৰাৰ বাহিৰে তিনিটা কিস্তিত পৰিশোধ কৰিবলৈ ৫,০০০ টকা চৰ্তসাপেক্ষ নগদ স্থানান্তৰ লাভালাভৰ বাবে যোগ্য আছিল। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ৰূপায়ণৰ পিছত পৰিমাণটো প্ৰতিটো ₹৩,০০০ দুটা কিস্তিত পৰিশোধ কৰিব পৰা ব্যৱস্থালৈ সংশোধন কৰা হৈছে। আঁচনিৰ অধীনত নগদ স্থানান্তৰ নিম্নলিখিত চৰ্তবোৰৰ অধীনত: ₹১,০০০ প্ৰথম স্থানান্তৰ (গৰ্ভধাৰণ ত্ৰৈমাসিকত) মাতৃক: যেতিয়াই তেওঁ গৰ্ভধাৰণৰ বিষয়ে জানিব পাৰে তেতিয়া অঙ্গনৱাড়ী কেন্দ্ৰত গৰ্ভধাৰণ পঞ্জীয়ন কৰায় অতি কমেও এটা প্ৰসৱ-পূৰ্ব যত্ন অধিৱেশনত উপস্থিত থাকিব আৰু আইৰণ-ফলিক এচিড টেবলেট আৰু টিটি1 (টিটেনছ টক্সইড ইঞ্জেক্সন) গ্ৰহণ কৰিব, আৰু এডব্লিউচি বা স্বাস্থ্যসেৱা কেন্দ্ৰত কমেও এটা পৰামৰ্শ অধিৱেশনত উপস্থিত থাকিব। ₹২,০০০ দ্বিতীয় স্থানান্তৰ বাবে (গৰ্ভধাৰণৰ ছয় মাহ) মাতৃক ইয়াৰ বাবে প্ৰয়োজন: কমেও এটা প্ৰসৱকালীন যত্ন অধিৱেশন আৰু টিটি2ত উপস্থিত থকা ₹২,০০০ তৃতীয় স্থানান্তৰ (প্ৰসৱৰ তিনি মাহ পিছত) মাতৃয়ে: জন্ম পঞ্জীয়ন কৰিব লাগিব শিশুটোক জন্মৰ সময়ত, ছয় সপ্তাহত আৰু ১০ সপ্তাহত অ'পিভি আৰু বিচিজিৰে টিকাকৰণ কৰিব লাগিব প্ৰসৱৰ তিনি মাহৰ ভিতৰত কমেও দুটা বিকাশ নিৰীক্ষণ অধিবেশনত উপস্থিত থাকিব লাগিব অতিৰিক্তভাৱে আঁচনিটোৰ বাবে মাতৃৰ প্ৰয়োজন: ছয় মাহৰ বাবে শিশুক কেৱল স্তন্যপান কৰোৱা আৰু মাতৃৰ দ্বাৰা প্ৰমাণিত অনুসৰি পৰিপূৰক আহাৰ প্ৰৱৰ্তন কৰা, শিশুটোক অ'পিভি আৰু ডিপিটিৰে টিকাকৰণ কৰা প্ৰসৱৰ তৃতীয় আৰু ষষ্ঠ মাহৰ ভিতৰত বিকাশ নিৰীক্ষণ আৰু শিশু আৰু শিশুপুষ্টি আৰু আহাৰৰ ওপৰত কমেও দুটা পৰামৰ্শ অধিবেশনত উপস্থিত থকা অৱশ্যে অধ্যয়নৰ গম পোৱা গৈছে যে এই যোগ্যতাৰ চৰ্ত আৰু অন্যান্য চৰ্তসমূহে বহু সংখ্যক মহিলাক তেওঁলোকৰ অধিকাৰ প্ৰাপ্ত বঞ্চিত কৰে। তথ্য উৎস বাহ্যিক সংযোগ ভাৰতৰ চৰকাৰী যোজনা আৰু
62227
https://as.wikipedia.org/wiki/%E0%A6%B9%E0%A6%B2%E0%A6%BF%E0%A7%B0%E0%A6%BE%E0%A6%AE%20%E0%A6%A2%E0%A7%87%E0%A6%95%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%B2%20%E0%A6%AB%E0%A7%81%E0%A6%95%E0%A6%A8
হলিৰাম ঢেকিয়াল ফুকন
হলিৰাম ঢেকিয়াল ফুকন (১৮০২-১৮৩২) এজন উকিল আৰু লেখক আছিল। তেওঁৰ পিতৃৰ নাম পৰশুৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল কামেশ্বৰী। দেউতাকৰ মৃত্যুৰ পিছত চৈধ্য বছৰ বয়সত তেওঁ হাদিৰাচকীত দুৱলীয়া বৰুৱা হয়। চন্দ্ৰকান্ত সিংহৰ সৈতে মানৰ লগত হাদিৰাচকীত ৰণ কৰাৰ পিছত স্বৰ্গদেৱে তেওঁক ঢেকিয়াল ফুকন পদবী দিয়ে। ইংৰাজী ১৮২৫ চনত কোম্পানীৰ আমোলত তেওঁ অসমৰ নামনি খণ্ডৰ কালেক্টৰ চিৰস্তাদাৰ নিযুক্ত হয়। ১৮৩২ চনত তেওঁ গুৱাহাটীত এচিছটেণ্ট মেজিছট্ৰেট হয়। পাৰিবাৰিক জীৱন আৰু ব্যক্তিত্ব পিতৃ পৰশুৰাম বৰুৱাৰ মৃত্যুৰ সময়ত হলিৰামৰ বয়স আছিল মাত্ৰ ১৪ বছৰ। পিতৃৰ অবৰ্তমানত দুৱৰীয়া বৰুৱাৰ দায়িত্ব লোৱাৰ সময়তে ১৮১৮ চনত মানৰ প্ৰথম আক্ৰমণৰ সূচনা হয়। তেওঁ মানৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাৰ উদ্দেশ্যে বঙালহাটত তেওঁৰ অধীনত শিখ আৰু হিন্দুঃস্থানী সৈন্যৰ এটি বাহিনী সংগঠন কৰে। সেই বাহিনীৰ সহায়ত তেওঁ মানৰ বিৰুদ্ধে যথেষ্ট বীৰত্ব প্ৰদৰ্শন কৰিলেও পৰাজয় স্বীকাৰ কৰি গুৱাহাটীৰ পৰা হাদিৰাচকীলৈ পলায়ন কৰে। হাদিৰাচকীতো পৰায়জ হোৱাত সপৰিবাৰে যোগীঘোপাত উপস্থিত হয়। তাৰ পৰাই তেওঁ তীৰ্থ ভ্ৰমণৰ বাবে যাত্ৰা কৰে। গোৱালপাৰাত থাকোঁতেই মাজুলীৰ আঁহতগুড়িৰ সত্ৰাধিকাৰ কুশদেৱ গোস্বামীৰ কন্যা প্ৰসূতিৰ লগত তেওঁৰ বিবাহ হয়। পাছত হলিৰামে নগাঁৱত মাটিৰ জৰীপৰ কামত যাওঁতে আন এগৰাকী কন্যা তিলোত্তমা ওৰফে কল্যাণীক বিবাহ কৰায়। হলিৰামৰ প্ৰথমা পত্নী প্ৰসূতিৰ গৰ্ভত প্ৰথমে এটি কন্যা জন্মে। অৱশ্যে এই কন্যাৰ মৃত্যু ঘটে। ১৮২৯ খ্ৰীঃ তেওঁৰ আন এক পুত্ৰ জন্ম হয়। তেৱেঁই হ’ল অসমীয়া ভাষা পুনৰ প্ৰবৰ্তনৰ অগ্ৰদূত আনন্দৰাম ঢেকিয়াল ফুকন। নৈষ্ঠিক হিন্দু হলিৰামে গয়া, কাশী, প্ৰয়াগ, শ্ৰীক্ষেত্ৰ প্ৰভৃতি তীৰ্থ গমন কৰি প্ৰত্যেক স্থানতে বিস্তৰ দান দক্ষিণা কৰিছিল। কামাখ্যা মন্দিৰৰ শীৰ্ষত এটি স্বৰ্ণ কলহ হলিৰামে দান কৰিছিল। তেওঁ উমানন্দ, হয়গ্ৰীব মাধব, উগ্ৰতাৰা প্ৰভৃতি দেবালয়তো তেওঁ অনেক দান কৰিছিল। হলিৰাম তন্ত্ৰশাস্ত্ৰতো বিশেষ পাৰদৰ্শী আছিল। পূজা, হোম, শান্তি, স্বস্ত্যয়ন প্ৰভৃতিত বিশ্বাসী হলিৰামৰ নিৰ্দেশত তেওঁৰ ঘৰত বাৰমাহে বিভিন্ন পাৰ্বণ অতি সমাৰোহেৰে অনুষ্ঠিত হৈছিল। তেওঁ নিতৌ পূজা সেৱাত যথেষ্ট সময় ব্যয় কৰিছিল। এই স্বধৰ্মনিষ্ঠ, শিক্ষিত, দানশীল, উদাৰ-হৃদয় ব্যক্তিৰ নিকট জাতিবৰ্ণ নিৰ্বিশেষে অসমীয়া, বাঙ্গালী, হিন্দুঃস্থানী সকলোৱেই সমান ব্যৱহাৰ পাইছিল। গীতবাদ্য বিষয়তো তেওঁৰ বিশেষ আগ্ৰহ আছিল। সকলো উৎসৱ পাৰ্বণতে তেওঁৰ ঘৰত গীতবাদ্যৰ ব্যৱস্থা হৈছিল। হলিৰামৰ অসাধাৰণ ব্যক্তিত্ব, সাহসিকতা আৰু সাংগঠনিক শক্তি অসাধাৰণ আছিল। কথিত আছে যে, তেওঁৰ কিবা কথাত বিট্ৰিছ চাহাবৰ হাতত আত্মসন্মান লাঘৱ হোৱাত তেওঁৰ নিৰ্দেশতে সকলো কৰ্মচাৰীয়ে ধৰ্মঘট কৰি তিনি দিন কৰ্মবিৰতি পালন কৰিছিল। চিনিয়ৰ কমিশ্যনাৰ চাহাবে সকলোকে অনুৰোধ কৰিহে কামত পুনৰ যোগদান কৰাব পাৰিছিল কৰ্মজীৱন ডেভিড স্কট চাহাবে যেতিয়া মানৰ আক্ৰমণত সৰ্বহাৰা হোৱা আসামবাসীক পুনৰ্বাসনৰ কামত নিযুক্ত হৈছিল তেতিয়া হলিৰামৰ দুৱৰীয়া বৰুৱা পৰিয়ালৰপৰা যথেষ্ট সহায় পাইছিল। স্কট চাহাবে তেওঁৰ পুনৰ সংস্থাপন কামত হলিৰামকেই প্ৰধান কাৰ্যকৰণিক নিযুক্ত কৰিছিল। হলিৰামৰ নিৰ্দেশ অনুসাৰিয়ে মাটি জৰীপ কৰি তাক বন্দোবস্তিত দিয়া হয়। প্ৰজায়ো তেওঁৰ কাম-কাজ ভাল পোৱা বুলি জনা যায়। স্কট চাহাবৰ অনুগ্ৰহ লাভৰ লগে লগে হলিৰাম চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰো প্ৰিয়পাত্ৰ হৈ উঠে। আৰু স্বৰ্গদেৱে হলিৰামক ঢেকিয়াল ফুকন উপাধিৰে বিভূষিত কৰে। তেওঁৰ ভাতৃ যজ্ঞৰামো খাৰঘৰীয়া ফুকন নামে অভিহিত হয়। ১৮২৫ খ্ৰীঃ এপ্ৰিল মাহত চেক্ৰেটাৰী সুইণ্টন চাহাবৰ আদেশানুযায়ী হলিৰাম গুৱাহাটী চহৰৰ কালেক্টৰী চিৰস্তাদাৰৰ পদত নিযুক্ত হয়। তোতিয়া অসামকে ‘উজনি আৰু নামনি” এই দুই ভাগত বিভক্ত কৰি চিনিয়ৰ সদৰ গুৱাহাটীতে স্থাপন কৰা হয়। ১৮৩২ খ্ৰীঃ ২০ ফেব্ৰুৱাৰীত হলিৰাম গুৱাহাটীৰ এচিষ্টেণ্ট মেজিষ্ট্ৰেট পদত ২৩০ টকা বেতনত নিযুক্ত হৈছিল। মৃত্যু তেওঁ এচিষ্টেণ্ট মেজিষ্ট্ৰেট হোৱাৰ মাত্ৰ কেইমাহমান পাছতে তেওঁৰ স্বাস্থ্যৰ অৱনতি হোৱাত প্ৰথমা পত্নী আৰু পুত্ৰ আনন্দৰাম সহ স্বাস্থ্য পৰিবৰ্তনৰ বাবে উমানন্দত বাস কৰিবলৈ লয়। ১৮৩২ খ্ৰীঃ জুলাই মাহত উমানন্দতে তেওঁৰ মৃত্যু হয়। সাহিত্য চৰ্চা তেওঁ বঙালী ভাষাত ভালেমান প্ৰবন্ধ আৰু দুখন গ্ৰন্থ ৰচনা কৰিছিল। তেওঁ বঙালী ভাষাত ৰচনা কৰা গ্ৰন্থ দুখন হ’ল: চাৰিটা খণ্ডত -আসাম বুৰঞ্জী (১৮২৮) আৰু কামৰূপৰ যাত্ৰা পদ্ধতি (১৮৩৩)। তদুপৰি সমসাময়িক বঙালী আলোচনী 'সমাচাৰ চন্দ্ৰিকা', 'সমাচাৰ দৰ্পণ' আদিত বহুকেইটা প্ৰবন্ধ ৰচনা কৰিছিল। তথ্য সংগ্ৰহ অসমৰ ব্যক্তি মৃত ব্যক্তি অসমীয়া
2719
https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A7%8B%E0%A6%95%E0%A6%B8%E0%A6%AD%E0%A6%BE
লোকসভা
লোকসভা হৈছে ভাৰতীয় সংসদৰ নিম্ন সদন বা নিম্নকক্ষ। লোকসভাৰ সদস্যসকলক ভাৰতীয় ভোটাৰে পোনপটিয়াভাবে নিৰ্বাচিত কৰে। ভাৰতীয় সংবিধান অনুসৰি লোকসভাত সৰ্বাধিক ৫৫২জন সদস্য থাকিব পাৰে। ইয়াৰে ৫৩০ জনক ভাৰতৰ ৰাজ্যবোৰৰ ভোটাৰে আৰু ২০ জনক কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ভোটাৰে নিৰ্বাচিত কৰে, বাকী দুজনক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে, এওঁলোক দুজন এংলো-ইণ্ডিয়ান মুলৰ হয়। প্ৰতিজন লোকসভাৰ সদস্যই তেওৰ সমষ্টিক লোকসভাত প্ৰতিনিধিত্ব কৰে। প্ৰত্যেক লোকসভাৰ কায্যৰ্কাল পাঁচ বছৰ। বৰ্তমান লোকসভাত ৫৪৫জন সদস্য আছে। ২০০৯ চনলৈকে ভাৰতত মুঠ ১৬খন লোকসভা গঠিত হৈছে। লোকভাৰ সদস্য সকলৰ পৰা এজনক অধ্যক্ষ্ আৰু এজন উপাধ্যক্ষ নিৰ্বাচিত কৰা হয়। সদনৰ কাম-কাজ অধ্যক্ষৰ দায়িত্ব। প্ৰত্যেক লোকসভাৰ ম্যাদ পাঁচ বছৰ। পাঁচ বছৰ অন্তৰত এই সভা স্বয়ংক্ৰিয়ভাৱেই বিলুপ্ত হয়। তেতিয়া জৰুৰী অৱস্থা ঘোষণাৰ মাধ্যমত এই সভাৰ ম্যাদ আৰু এবছৰ বঢ়োৱা যায়। ভাৰতৰ পঞ্চদশ লোকসভা গঠিত হৈছে ২০০৯ চনৰ মে মাহত। ২০০১ চনৰ ভাৰতীয় লোকপিয়লৰ পৰিপ্ৰেক্ষিতে সাম্প্ৰতিকসময়ত লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ্নিদ্ধাৰণৰ বাবে গঠিত হয় সীমা পুনৰ্নিদ্ধাৰণ কমিশ্যন। সীমা পুনৰ্নিদ্ধাৰণৰ কামটো প্ৰকৃতপক্ষে প্ৰত্যেক লোকপিয়লৰ পাছত হোৱাৰ কথা। কিন্তু ১৯৭৬ চনত পৰিবাৰ পৰিকল্পনা কৰ্মসূচিৰ প্ৰভাৱৰ বাবে এটা বিশেষ সংবিধান সংশোধনীৰ দ্বাৰা এই কাম স্থগিত কৰা হৈছিল। বৰ্তমান লোকসভা টিভি নামে লোকসভাৰ এটা নিজস্ব দূৰদৰ্শন কেন্দ্ৰ আছে, যাৰ সদৰ সংসদ ভৱনৰ ওপৰতে অৱস্থিত। সদস্য হোৱাৰ যোগ্যতা সংবিধানৰ ৮৩ নং অনুচ্ছেদত সংসদৰ দুই কক্ষৰ সদস্য হোৱাৰৰ যোগ্যতা উল্লেখ কৰা হৈছে। লোকসভাৰ সদস্যসকলৰ অৱশ্যে ভাৰতীয় প্ৰজাতন্ত্ৰৰ নাগৰিক হ’ব লাগে– যিজনৰ বয়স ২৫ বছৰৰ কম নহয় আৰু লগতে কোনো ধৰণৰ ফৌজদাৰি গোচৰৰ লগত জড়িত নহয়। অনাগৰিক, আদালত দ্বাৰা বিকৃত মস্তিষ্ক বা দেউলিয়া ঘোষিত বা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লাভজনক কোনো পদত চাকৰিত নিয়োজিত ব্যক্তিসকল লোকসভাৰ সদস্যৰ প্ৰাৰ্থী হ’ব নোৱাৰে। সংৰক্ষিত আসনৰ ক্ষেত্ৰত প্ৰাৰ্থীক অৱশ্যে তফসিলি জাতি বা উপজাতি তালিকাভুক্ত হ’ব পাৰে। অধিবেশন আৰু দৈনিক কাৰ্যকাল সাধাৰণ দিনত লোকসভাৰ কাৰ্যকাল ৰাতিপুৱা ১১টাৰ পৰা দুপৰীয়া ১টা আৰু দুপৰীয়া ২টাৰ পৰা সন্ধ্যা ৬টা বজালৈ। অৱশ্যে কেতিয়াবা অধিবেশন অনিৰ্দিষ্ট সময়লৈ চলিব পাৰে। ইয়াৰ বাহিৰেও ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বিশেষ কাৰণত জৰুৰীকালীন অধিবেশন অনুষ্ঠিত কৰিব পাৰে। প্ৰত্যেক বৈঠকৰ প্ৰথম ঘণ্টাটো প্ৰশ্নোত্তৰ কাল নামে পৰিচিত। এই পৰ্বত সদস্যসকলে নিৰ্দিষ্ট বিষয়ত প্ৰশ্ন উত্থাপন কৰে আৰু সংশ্লিষ্ট বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰীসকলে সেইবোৰ প্ৰশ্নৰ উত্তৰ দিয়ে। অৰ্থ বিল বাদে আন সকলো ক্ষেত্ৰত ৰাজ্যসভা আৰু লোকসভাৰ আইনবিভাগীয় ক্ষমতা একেই। অৰ্থবিলৰ ক্ষেত্ৰত লোকসভাই সৰ্বোচ্চ কৰ্তৃপক্ষ। আইনবিভাগৰ কোনো বিষয়কলৈ উভয় কক্ষৰ মাজত বিৰোধ দেখা গ’লে যৌথ অধিবেশনৰ মাধ্যমেৰে তাৰ মীমাংসা কৰা হয়। তথাপিটো এই ধৰণৰ অধিবেশনত সাধাৰণতে লোকসভাৰ সদস্যসকলেই জয়ী হয়। কাৰণ, লোকসভাৰ সদস্যসংখ্যা ৰাজ্যসভাৰ প্ৰায় দুগুণ। বাৰ্ষিক কাৰ্যসূচী প্ৰত্যেক বছৰত লোকসভাৰ তিনিটা অধিবেশন হয়। সেয়া হ'ল বাজেট অধিবেশন, ফেব্ৰুৱাৰীৰ পৰা মে। বৰ্ষাকালীন অধিবেশন, জুলাইৰ পৰা চেপ্তেম্বৰ। শীতকালীন অধিবেশন, নবেম্বৰৰ পৰা ডিচেম্বৰ। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত লোকসভা সমষ্টিৰ সংখ্যা ক্ষমতা আৰু দায়িত্ব কেন্দ্ৰীয় চৰকাৰে যিকোনো আইন প্ৰনয়ণ কৰাৰ আগতে ইয়াক বিধেয়ক হিচাবে সংসদত উত্থাপিত কৰিব লাগে। দুয়োখন সংসদে বিধেয়কখন ভোটৰ দ্বাৰা অনুমোদিত কৰিলেহে সেয়া আইনত পৰিণত হয়। বিত্তীয় বিধেয়ক ৰাজ্যসভাই নাকচ কৰিব নোৱাৰে, কিন্তু লোকসভাই নাকচ কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ বিপক্ষে অনাস্থা প্ৰস্তাৱ কেবল লোকসভাতহে উত্থাপন কৰিব পাৰি। যদি এই প্ৰস্তাব গৃহীত হয়, তেন্তে প্ৰধান মন্ত্ৰী আৰু তেওৰ মন্ত্ৰী পৰিষদে পদত্যাগ কৰিব লাগিব। যদি কোনো দলেই লোকসভাত সংখ্যা গৰিষ্ঠতা লাভ কৰিব নোঁৱাৰে, তেনেহলে ৰাষ্ট্ৰপতি য়ে লোকসভা ভঙ্গ কৰি দিব। অৱশ্যে ৰাজ্যসভা ভঙ্গ কৰিব নোৱাৰি। সংবিধান সংশোধনী বিধেয়কো দুয়োখান সদনে গ্ৰহণ কৰিব লাগিব। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ লোকসভাৰ ৱেবছাইট পাৰ্লিয়ামেণ্ট অৱ ইণ্ডিয়াৰ ৱেবছাইটত থকা লোকসভাৰ বিৱৰণ হিন্দী ভাষাত পাৰ্লিয়ামেণ্টৰ সদস্যসকলৰ তথ্যকেন্দ্ৰিক ৱেবছাইট ভাৰতৰ
4699
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A6%AE%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A6%A3%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%B0
শিলামবৰ্ষণ ৰাজেন্দৰ
শিলামবৰ্ষণ ঠেছিংগু ৰাজেন্দৰ হৈছে এজন তামিল চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ পৰিচালক, নেপথ্য গায়ক, গীতিকাৰ আৰু চিত্ৰনাট্যকাৰ। শিলামবৰ্ষণ, শিম্ভু, এছ টি আৰ, লিটিল ছুপাৰষ্টাৰ আদি নামেৰেও প্ৰখ্যাত এখেতৰ জন্ম হয় ১৯৮৩ চনৰ ৩ ফেব্ৰুৱাৰীত তামিল নাডুৰ চেন্নাইত। পিতৃ বিজয় টি ৰাজেন্দৰ পৰিচালিত ছবিত তেওঁ সৰু কালৰে পৰাই শিশু শিল্পী ৰূপে ভূমুকি মাৰি আহিছিল। মুখ্য অভিনেতা ৰূপে তেওঁৰ প্ৰথম ছবি হৈছে পিতৃ পৰিচালিত ২০০২ বৰ্ষৰ “কাধল অঝিভঠিলই”। কৰ্মজীৱন বোলছবি সিলামবৰসন ৫ বছৰ বয়সৰে পৰা পিতৃ পৰিচালিত বহু তামিল ছবিত শিশু শিল্পীৰূপে অভিনয় কৰি আহে। তাৰ মাজত উল্লেখযোগ্য কেইখনমান হৈছে “থাই থংগই পাসম”, “ওৰো ভসণ্ঠ গীথম”, “এন ঠঙগই কল্যাণী”, “এংগা ভীটু ভেলান”, “সাব্বাস বাবু” ইত্যাদি। নায়ক ৰূপে তেওঁৰ প্ৰথম ছবি হৈছে পিতৃ পৰিচালিত ২০০২ বৰ্ষৰ তামিল ভাষাৰ “কাধল অঝিভঠিলই”। তেওঁৰ প্ৰথম হিট ছবি হৈছে ২০০৪ চনত মুক্তি প্ৰাপ্ত “কোঠো”, যাৰ জৰিয়তে তেওঁ কলিউডত অভিনেতা ৰূপে প্ৰতিষ্ঠা লাভ কৰে। কোঠো চিত্ৰগৃহত একেৰাহে ১০০ দিন পৰ্য্যন্ত চলে। “মনমধন” ছবিখনত তেওঁ এবছৰৰ ধৰি মনোনিবেশ কৰে। প্ৰথম বাৰৰ বাবে দ্বৈত চৰিত্ৰত অভিনয় কৰাৰ লগতে তেওঁ ইয়াৰ চিত্ৰনাট্যও লিখে। এজন ধাৰাবাহীক হত্যাকাৰীক কেন্দ্ৰ কৰি গঢ় লোৱা ছবিখনৰ কাহিনীৰ মূল নাৰী চৰিত্ৰত অভিনয় কৰে জ্যোতিকা সাৰাভননে। সংগীত দিয়ে য়ুৱান শংকৰ ৰাজাই। ফলস্বৰূপে এইখন হৈ পৰে সিলামবৰসনৰ কেৰিয়াৰৰ প্ৰথম ব্লকবাষ্টাৰ। একেৰাহে ২৭৫ দিন পৰ্য্যন্ত চিত্ৰগৃহত চলে মনমধন। “ঠোট্টি জায়া” (হিট) আৰু “সৰভনা” (এভাৰেজ হিট)-ত অভিনয়ৰ পাচত তেওঁ পৰিচালনা, অভিনয় তথা চিত্ৰনাট্য লিখে “ভল্লভন”-ৰ বাবে। সিলামবৰসনৰ বিপৰিতে নয়নতৰা, ৰীমা সেন আৰু সন্ধ্যাই অভিনয় কৰা এইখন ছবি মুক্তি পাই ২০০৬ বৰ্ষৰ দিপাৱলীৰ সময়ত আৰু হৈ পৰে সেই বছৰৰ এখন অন্যতম হিট। তেওঁৰ পিছৰখন ছবি “কালই” (জানুৱাৰী ২০০৮) বক্স অফিছত মুখ ঠেঁকেঁচা খায়। অভিনেত্ৰী স্নেহাৰ সৈতে অভিনিত তেওঁৰ ডিচেম্বৰ ২০০৮-ত মুক্তি লভা ছবি “শিলামবট্টমে” ভাল ব্যবসায় কৰি ব্লকবাষ্টাৰ হয়। ২০০৯ বৰ্ষৰ শ্ৰেষ্ঠ ছবিৰ একাডেমি বঁটা বিজয়ী “শ্লামডগ মিলেনিয়াৰ”-ৰ তামিল সংস্কৰণত তেওঁ মুখ্য পুৰুষ চৰিত্ৰতোৰ বাবে কণ্ঠ ডাবিং কৰে। ভেংকট প্ৰভুৰ ছবি “গোৱা”-ত তেওঁক “মনমধন”-ৰ চৰিত্ৰত অতিথি শিল্পি ৰূপে ৪৩ ছেকেণ্ডৰ বাবে দেখা যায়। সিলামবৰসনৰ কেৰিয়াৰৰ পঞ্চবিংশতম ছবি হৈছে গৌতম মেনন পৰিচালিত “ভিন্নইথাণ্ডি ভৰুভায়া”। এ. আৰ. ৰহমানএ সংগীত দিয়া ছবিখন মুক্তি পায় ২০১০-ৰ ২৬ ফেব্ৰুৱাৰীত। তৃষা কৃষ্ণনক নায়িকা ৰূপে লৈ নিৰ্মাণ কৰা ছবিখনে বক্স অফিছত লাভ কৰে অপাৰ সফলতা। বহু সমালোচকে সিলামবৰসনৰ এয়া শ্ৰেষ্ঠ প্ৰদৰ্শনৰ আৰু ছবিখনক সমসাময়িক যুগৰ এখন ক্লাচিক ছবি ৰূপে আখ্যা দিয়ে। ই হৈ পৰে তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ ব্লকবাষ্টাৰ। এই ছবিখনেই ব্যবসায়ীক ধৰ্মী নায়কৰ ৰূপে থকা তেওঁৰ মেডিয়া ইমেজ সলনি কৰি ভাৰছেটাইল অভিনেতা ৰূপে তেওঁক প্ৰতিষ্ঠা কৰে। এই ছবিখনৰ তেলুগু সংস্কৰণ “য়ে মায়া ছেসাবে”-ত তেওঁ অতিথি শিল্পি ৰূপে দেখা যায়। ২০১১ চনত মুক্তি পায় “ভানম” (তামিল), যি আছিল চিত্ৰসমালোচকৰ দ্বাৰা প্ৰসংশিত তেলুগু ছবি “ভেডম”ৰ পুনৰনিৰ্মাণ। এই ছবিখনো সমালোচকৰ দ্বাৰা প্ৰসংশিত হোৱাৰ লগতে বাণিজ্যিক সাফল্যও লাভ কৰে। তেওঁৰ নিৰ্মাণ প্ৰয্যায়ত থকা উল্লেখযোগ্য ছবিসমূহ হৈছে “পোডা পোডি”, “ভেট্টাই মন্নণ” আৰু জনপ্ৰিয় হিন্দী ছবি “দবংগ”ৰ তামিল পুনৰনিৰ্মাণ “অষ্ঠী”। “ভেট্টাই মন্নণ” ছবিখন একেলগে তিনিটা ভাষা (তামিল, তেলুগু আৰু হিন্দী) নিৰ্মাণ কৰা হৈছে। শেষতীয়াকৈ পৰিচাক গৌতম মেনন সংবাদ মাধ্যমযোগে এয়া জনায় যে “ভিন্নইথাণ্ডি ভৰুভায়া”ৰ দ্বিতীয় খণ্ড “ভিন্নইথাণ্ডি ভাৰুভায়েন”ত সিলামবৰসন পুনৰ আগৰ চৰিত্ৰতোকে ৰূপায়ণ কৰিবলে চুক্তিবদ্ধ হৈছে। অন্যান্য সিলামবৰসনে মণি ৰত্নমৰ দ্বাৰা আয়োজিত মঞ্চানুষ্ঠানসমূহত নেত্ৰো, ইন্দ্ৰো, নালই আদি প্ৰদৰ্শনকাৰী সকলৰ লগত প্ৰদৰ্শনো কৰে। তেওঁ ষ্টাৰ বিজয় ছেনেলৰ নৃত্য ভিত্তিক ৰিয়েলিটি শ্বো “যোৰি নম্বৰ ৱান”-ৰ কেইবাটাও ছিজনত বিচাৰক ৰূপেও অংশগ্ৰহণ কৰে। পুৰস্কাৰ তথা সন্মান সন্মান “তামিল নাডু ইয়ল ইসই নাটক (সাহিত্য, সংগীত আৰু নাটক) মনৰম”-ৰ দ্বাৰা আগবঢ়োৱা ২০০৬ বৰ্ষৰ “কলইমমনি বঁটা” পুৰস্কাৰ ইসইয়ৰুভি তামিল সংগীত বঁটা ২০০৯ “সিলামবট্টম”ৰ বাবে শ্ৰেষ্ঠ নৃত্য শিল্পি বঁটা “সিলামবট্টম”ৰ গীত “হুৱেৰ ইজ পাৰ্টি”ৰ বাবে উদীয়মান গীতিকাৰ বঁটা এডিচন বঁটা ২০১০ “ভিন্নইথাণ্ডি ভৰুভায়া”ৰ বাবে শ্ৰেষ্ঠ অভিনেতা বিগ তামিল ম'ষ্ট এণ্টাৰটেইনিং এৱাৰ্ড ২০১১ “ভিন্নইথাণ্ডি ভৰুভায়া”ৰ বাবে মনোনয়ন জনপ্ৰিয় নায়কৰ বিজয় বঁটা ২০১১ “ভিন্নইথাণ্ডি ভৰুভায়া”ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ তামিল ফিল্মফেয়াৰ বঁটা ২০১১ “ভিন্নইথাণ্ডি ভৰুভায়া”ৰ বাবে ব্যক্তিগত জীৱন সিলামবৰসনৰ জন্ম হয় তামিল নাডুৰ চেন্নাইত ১৯৮৩ চনৰ ৩ ফেব্ৰুৱাৰীত বিজয় টি ৰাজেনডৰ উদৰত, যি হৈছে এজন তামিল চলচ্চিত্ৰ পৰিচালক, অভিনেতা, সংগীত পৰিচালক, চিত্ৰনাট্যকাৰ আৰু ৰাজনৈতিক নেতা আৰু ঊষা ৰাজেনডৰ গৰ্ভত, যি এগৰাকী অভিনেত্ৰী। তিনিজন সন্তানৰ মাজত তেওঁ জ্যেষ্ঠ। তেওঁৰ কনিষ্ঠ ভাতৃ আৰু ভগ্নী হৈছে যথা ক্ৰমে কুৰলাসন ৰাজেন্দৰ আৰু ইলাকিয়া ৰাজেন্দৰ। জন্মস্থানৰেই “দ্যা আশ্ৰম স্কুল”-ত অধ্যয়ন কৰাৰ পাছত তেওঁ অ’ডিঅ’ ইঞ্জিনিয়াৰিং বিষয়ত শিক্ষা গ্ৰহণ কৰে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ সিলামবৰসন ৰাজেনডৰৰ অফিছিয়েল ৱেবছাইট ইণ্টাৰনেট মুভি ডাটাবেছৰ সিলামবৰসন ৰাজেনডৰৰ প্ৰোফাইল ভাৰতৰ ব্যক্তি ভাৰতীয় অভিনেতা কলিউড (তামিল চলচ্চিত্ৰ
29665
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC%20%E0%A7%B0%E0%A7%87%E0%A6%B2
ভাৰতীয় ৰেল
ভাৰতীয় ৰে'ল চমুকৈ ভাৰত চৰকাৰৰ মালিকানাধীন আৰু ভাৰত চৰকাৰৰ ৰে'ল মন্ত্ৰণালয়ৰ দ্বাৰা পৰিচালিত এটা উদ্যোগ। ই ১,১৫,০০০ কিলোমিটাৰ ৰে'লপথ আৰু ৭,৫০০টা ষ্টেচনৰে বিশ্বৰ অন্যতম বৃহৎ ৰেল জালিকা ভাৰতীয় ৰে'লে বছৰি ৭৫০ কোটি অথবা দিনে ২ কোটিতকৈয়ো অধিক যাত্ৰী (ইয়াৰ আধাতকৈ বেছি উপনগৰীয় ৰে'লৰ যাত্ৰী) আৰু দিনে ২৮ লাখ টন সামগ্ৰী কঢ়িয়ায়। ২০১১-১২ চনত ভাৰতীয় ৰে'লে যাত্ৰীৰ পৰা ২৮,৬৪৫.৫২ কোটি আৰু সামগ্ৰীৰ পৰা ৬৯৬৭৫.৯৭ কোটি টকা উপাৰ্জন কৰিছিল। ১৮৫৩ চনত ভাৰতত প্ৰথম ৰে'লপথ নিৰ্মাণ কৰা হৈছিল ব'ম্বে আৰু থানেৰ মাজত। ১৯৫১ চনত ভাৰতত চলি থকা সকলো ৰে'ল কোম্পানীক একগোট কৰি ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু ইয়াক "ভাৰতীয় ৰে'ল" নামকৰণ কৰা হয়। ভাৰতীয় ৰেলৰ অধীনত ব্ৰডগ'জ, মিটাৰগ'জ আৰু নেৰ'গ'জ ৰেলপথেৰে দীৰ্ঘ দূৰত্বৰ আৰু উপনগৰীয়- উভয় প্ৰকাৰৰ ৰে'লেই চলাচল কৰে। ভাৰতৰ বহুকেইখন ঠাইত ইয়াৰ ডবা আৰু ইঞ্জিন নিৰ্মাণৰ কাৰখানাও আছে। ভাৰতীয় ৰেলে দেশখনৰ ২২খন ৰাজ্য আৰু ৩খন কেন্দ্ৰীয় শাসিত অঞ্চল ৰে'ল জালিকাৰে সামৰি লৈছে তথা নেপাল, বাংলাদেশ আৰু পাকিস্তানলৈয়ো সীমিত আন্তঃৰাষ্ট্ৰীয় সেৱা আগবঢ়াইছে। ভাৰতীয় ৰে'ল ১৪ লাখ কৰ্মচাৰীৰে বিশ্বৰ চতুৰ্থ বৃহৎ ব্যৱসায়িক নিয়োগকৰ্তা। ভাৰতীয় ৰে'ল ২২৯,৩৮১টা মালগাড়ীৰ ডবা, ৫৯,৭১৩টা যাত্ৰী ডবা আৰু ৯,২১৩টা ইঞ্জিনৰ গৰাকী। প্ৰতিদিনে চলাচল কৰা ৰে'লৰ সংখ্যা প্ৰায় ১০,০০০ খন। ২০১২ চনৰ ৩১ মাৰ্চৰ দিনালৈকে ২২,২২৪ কিলোমিটাৰ ৰে'লপথ (মুঠ ৰেলপথৰ ৩৪%) বৈদ্যুতিকৰণ কৰা হৈছে। ১৯৬০ চনৰে পৰা ভাৰতীয় ৰে'লৰ বৈদ্যুতিক পথত ২৫,০০০ ভল্ট এ.চি. বিদ্যুৎ (অভাৰহেড ছন) ব্যৱহাৰ কৰা হয়। ইতিহাস ভাৰতৰ ৰে'ল পৰিবহণৰ ইতিহাস আৰম্ভ হৈছিল ঊনৈশ শতিকাৰ মাজভাগৰ পৰা। ১৮৪৯ চনত ভাৰতত এক কিলোমিটাৰো ৰেলপথ নাছিল। ১৯২৯ চনলৈ দেশৰ বেছিভাগ জিলা সামৰি ৪১,০০০ মাইল ৰে'লপথ বহুওৱা হৈছিল। সেই সময়ৰ হিচাপত ৰে'লৱেৰ মূলধন আছিল ৬৮৭ মিলিয়ন ষ্টাৰ্লিং। প্ৰশাসনিক আৰু অৰ্থনৈতিক কাৰণত ব্ৰিটিছে ভাৰতত ৰে'লপথ নিৰ্মাণ কৰাৰ বাবে বহুদিন ধৰি গুণা-গঁথা কৰি আছিল। তদুপৰি বিশাল ঊপনিবেশখনত নিয়ন্ত্ৰণত ৰখাৰ খাটিৰত দ্ৰুতগতিত সৈন্য সঞ্চালন কৰাও ব্ৰিটিছসকলৰ বাবে আৱশ্যকীয় হৈ পৰিছিল। স্বাভাৱিকতে তাৰ বাবে প্ৰয়োজন আছিল এক বিশাল ৰে'লৱে নেটৱৰ্কৰ। এনে উদ্দেশ্য আগত ৰাখি ব্ৰিটিছ সংসদত গৃহীত হোৱা এখন আইনৰ যোগে ১৮৪৯ চনৰ ১ আগষ্টত "দি গ্ৰেট ইণ্ডিয়ান পেনিনচুলা ৰে'লৱে" গঠন কৰা হৈছিল। মুখ্য কাৰ্যলয় স্থাপন কৰা হৈছিল মুম্বাইৰ ব'ৰী বন্দৰত। কোম্পানীটোৰ অংশ মূলধন আছিল ৫০,০০০ পাউণ্ড। ১৮৪৯ চনৰ ১৭ আগষ্টত পেনিনচুলা ৰেলৱেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে ৫৬ কিঃ মিঃ দৈৰ্ঘ্যৰ এটা ৰেলপথ স্থাপন আৰু পৰিচালনা সম্পৰ্কীয় এখন চুক্তিত আৱদ্ধ হয়। ১৬ এপ্ৰিল ১৮৫৩ তাৰিখটো ভাৰতীয় ৰে'ল পৰিবহণৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ দিন। এই দিনটোতে ভাৰতত মুম্বইৰ ব'ৰী বন্দৰ ষ্টেচনৰ পৰা থানেলৈকে প্ৰথম ৰে'লৰ যাত্ৰা আৰম্ভ হৈছিল। ফকলেণ্ড নামৰ সৰু ভাপ ইঞ্জিন এটাই টানি নিয়া ১৪টা ডবাৰ ৰে'লখনত সিদিনা কোনো সাধাৰণ যাত্ৰী নাছিল; আছিল ৪০০জন বিশিষ্ট ব্যক্তি। ২১ জাঁই তোপধ্বনিৰে এই ঐতিহাসিক যাত্ৰাৰ শুভাৰম্ভ কৰা হৈছিল আবেলি ৩-৩৫ বজাত। ব'ৰী বন্দৰ ষ্টেচনক পৰৱৰ্তী কালত ভিক্টোৰিয়া টাৰ্মিনাছ আৰু বৰ্তমান ছত্ৰপতি শিৱাজী টাৰ্মিনাছ বুলি নামকৰণ কৰা হ'ল। গ'থিক স্থাপত্যৰ আৰ্হিত নিৰ্মাণ কৰা এই ষ্টেচনটোৱে বিশ্ব ঐতিহ্যৰ তালিকাত স্থান পাইছে। ১৮৪৫-৪৬ চনত কলকাতাৰ পৰা আৰু দিল্লীলৈ ৰে'লপথ বহুওৱাৰ বাবে জৰীপ কৰা হয়। ইয়াৰ তিনি বছৰ পাছতে ইষ্ট ইণ্ডিয়া ৰেলৱেই হাওৰাৰ পৰা পাণ্ডুৱালৈ ৰে'লপথ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় অনুমোদন লাভ কৰে। ইষ্ট ইণ্ডিয়া ৰে'লৱেৰ মুখ্য কাৰ্যালয় আছিল হাওৰাত। ১৯৫৭ চনৰ শেষৰ ফালে এই ৬১ কিঃ মিঃ দৈৰ্ঘ্যৰ পথচোৱাৰ কাম শেষ হয়। ১৮৫৪ চনৰ ২৮ জুনৰ দিনা পৰীক্ষামূলকভাবে ৰে'লৰ চলাচল কৰোৱা হয়। একে বছৰৰে ১৫ আগষ্টৰ পৰা নিয়মীয়াকৈ হাওৰা আৰু হুগলীৰ মাজত পুৱা-আবেলি যাত্ৰীবাহী ৰেলৰ সেৱা আৰম্ভ হয়। মাদ্ৰাজ ৰে'লৱে কোম্পানীয়ে ৱেয়াচাপান্দিৰ পৰা আৰু ৱালাজা ৰ'ড বা আৰকটলৈ ৬৩ কিঃমিঃ ৰেলপথ ১৮৫৬ চনৰ ১ জুলাইৰ দিনা মুকলি কৰে। আৰ আৰ ভাণ্ডাৰীয়ে তেওঁৰ 'চাউদাৰ্ণ ৰে'লৱে' নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে মাদ্ৰাজ প্ৰেচিডেঞ্চিত ১৮৩৬ চনতে ৩.৫ মাইল (৫.৬ কিঃমিঃ) দৈৰ্ঘ্যৰ এটা ৰে'লপথ বহুওৱা হৈছিল। এইটোৱে ভাৰতৰ সৰ্বপ্ৰথম ৰেলপথ। ৰেড হিলৰ পৰা চেইণ্ট থমাচ মাউণ্টৰ শিলৰ খনিলৈকৈ মাত্ৰ শিল কঢ়িওৱাৰ উদ্দেশ্যে এই পথটো নিৰ্মাণ কৰা হৈছিল। তদুপৰি মাদ্ৰাজ প্ৰেচিডেঞ্চিয়ে ১৮৩২ চনত সৰ্বপ্ৰথম ৰে'লপথ নিৰ্মাণৰ প্ৰস্তাৱ দাখিল কৰিছিল। ইয়াৰ পাছতহে বেংগল আৰু বোম্বে প্ৰেচিডেঞ্চিয়ে এনে প্ৰস্তাৱ আগবঢ়াইছিল। এলাহাবাদৰ পৰা কানপুৰলৈকে ১১৯ মাইল দৈৰ্ঘ্যৰ ৰেলপথ ১৮৫৯ চনৰ ৩ মাৰ্চত মুকলি কৰা হৈছিল। ই আছিল উত্তৰ ভাৰতৰ প্ৰথম ৰে'লপথ। ১৮৮৯ চনত বহুওৱা হৈছিল দিল্লী- আম্বালা- কালকা পথ। ১৮৭৪ চনৰ পৰা ১৯৭৯ চনৰ ভিতৰত নৰ্থ বেংগল ষ্টেট ৰে'লৱেই বৰ্তমান বাংলাদেশৰ হাৰ্ডিঞ্জ ব্ৰিজৰ পৰা চিলাহাটী হৈ উত্তৰ বংগৰ শিলিগুৰিলৈ এটা ২৫০ কিঃমিঃ দৈৰ্ঘ্যৰ ৰেলপথ নিৰ্মাণ কৰিছিল। ১৮৮২ চনত অসম ৰে'লৱে এণ্ড ট্ৰেডিং কোম্পানীয়ে প্ৰথম অসমত ৰেলপথ স্থাপন কৰিছিল। ডিব্ৰুগড়ৰ আমোলাপট্টিৰ পৰা দিনজানলৈ নিৰ্মাণ কৰা ১৫ কিঃ মিঃ দৈৰ্ঘ্যৰ মূলতঃ চাহপাত আৰু কয়লা কঢ়িয়াবলৈ নিৰ্মাণ কৰা এই ৰে'লপথ ১৯৮৪ চনত মাৰ্ঘেৰিটালৈ সম্প্ৰসাৰণ কৰা হৈছিল। এই কোম্পানীটোৱে "ডিব্ৰু-শদিয়া ৰে'লৱে়" নামেৰে অসমত প্ৰথম যাত্ৰীবাহী ৰে'লৰ প্ৰচলন কৰিছিল। আনহাতে ইষ্টাৰ্ণ বেংগল ৰে'লৱেই হালদিবাৰী-শিলিগুৰি, বাৰসোই-কিসানগঞ্জ, মণিহাৰি-কাটিহাৰ-কাসবা ৰেলপথকেইটা ১৯০০ চনৰ কিছু আগতে নিৰ্মাণ কৰি উলিয়াইছিল। ১৯০০- ১৯১১ চনৰ ভিতৰত হাচিমাৰা-আলিপুৰ দুৱাৰ, গীতালদহ- বামনহাট, গোলোকগঞ্জ-ধুবৰী-আমিনগাঁও, ৰঙিয়া-ৰঙাপাৰা ৰেলপথকেইটা নিৰ্মাণ কৰা হৈছিল। অসমৰ বৰাক উপত্যকাৰ ৰেলপথ সম্প্ৰসাৰণৰ কাম কৰিছিল আসাম বেংগল ৰেলৱেই। সংগঠন ৰেলৱে মণ্ডল স্বাধীনতাৰ পাছত ভাৰতৰ ৰে'ল পৰিবহণক ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু পৰিচালনাৰ সুবিধাৰ্থে ১৯৫১-৫২ চনত ভাৰতীয় ৰে'লক ৬টা মণ্ডলত বিভাজন কৰা হয়। পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় ৰে'লৰ আৰু কিছুমান মণ্ডলৰ সৃষ্টি কৰা হয়। শেহতীয়াকৈ ভাৰতীয় ৰে'লৰ মুঠ মণ্ডল ১৭ টা প্ৰতিটো মণ্ডলক একাধিক ডিভিজনত ভাগ কৰা হৈছে। বৰ্তমান ভাৰতীয় ৰেল মুঠ ডিভিজনৰ সংখ্যা ৬৮ টা। নিয়োগ আৰু প্ৰশিক্ষণ ভাৰতীয় ৰে'লৰ কৰ্মচাৰীসকলক ৰাজপত্ৰিত ("ক" বৰ্গ আৰু "খ" বৰ্গ) আৰু অৰাজপত্ৰিত ("গ" বৰ্গ আৰু "ঘ" বৰ্গ) হিচাপে ভাগ কৰা হৈছে। 'ক' বৰ্গৰ কৰ্মচাৰীসকলক কেন্দ্ৰীয় লোকসেৱা আয়োগে নিযুক্তি দিয়ে। "গ" বৰ্গ আৰু 'ঘ' বৰ্গৰ কৰ্মচাৰীসকলক ২০খন ৰে'ল নিয়োগ বোৰ্ডে নিযুক্তি দিয়ে। এই নিয়োগ বোৰ্ডবোৰক "ৰে'ল নিয়োগ নিয়ন্ত্ৰণ বোৰ্ডে" নিয়ন্ত্ৰণ কৰে। ভাৰতীয় ৰেলৰ সকলো বৰ্গৰ বিষয়া-কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান কৰা প্ৰতিষ্ঠানৰ সংখ্যা ২৯১ টা। "ক" বৰ্গৰ বিষয়াসকলক এইকেইটা প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ দিয়া হয়। ৰে'লৱে ষ্টাফ কলেজ, বডোদাৰা ভাৰতীয় ৰে'ল চিভিল ইঞ্জিনিয়াৰিং সংস্থান, পুণে ভাৰতীয় ৰে'ল চিগনেল ইঞ্জিনিয়াৰিং আৰু দূৰসঞ্চাৰ সংস্থান ভাৰতীয় ৰে'ল মেকানিকেল আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং সংস্থান ৰে'ল সুৰক্ষা বল একাডেমী উৎপাদন গোট ভাৰতীয় ৰে'লে ৰে'ল মন্ত্ৰালয়ৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত ৰেলৰ চলন্ত সম্পদৰ বেছি অংশই (ডবা, ইঞ্জিন বা ইয়াৰ অংশ বিশেষ) ৮ টাকৈ উৎপাদন গোটত নিৰ্মাণ কৰে। ভাৰতীয় ৰে'ল চলন্ত সম্পদ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাই নহয়, বহুকেইখন দেশলৈ ই সামগ্ৰী ৰপ্তানিও কৰে। প্ৰতিটো উৎপাদন গোটৰ মুৰব্বী এজন মহা প্ৰবন্ধক। অন্যান্য সহযোগী প্ৰতিষ্ঠান ৰে'ল মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা ভাৰতীয় ৰেলৰ কেইটামান সহযোগী প্ৰতিষ্ঠান আছে, যি কেইটা প্ৰতিষ্ঠান ৰেলৱেৰ নিৰ্মাণ, গৱেষণা, আধুনিকীকৰণ,সূচনা প্ৰণালী, অনলাইন টিকট প্ৰণালী, পৰ্যটন আদি বিভিন্ন কাৰ্যত জড়িত। সেইকেইটা হ'ল আনহাতে দিল্লীৰ মেট্ৰ' ৰে'ল ব্যৱস্থা পৰিচালিত কৰা "দিল্লী মেট্ৰ' ৰে'ল কৰ্পোৰেচন" এটা স্ব-শাসিত প্ৰতিষ্ঠান। কলকাতা মেট্ৰ'ৰ বাদে অন্যান্য মহানগৰৰ মেট্ৰ' ৰে'ল ব্যৱস্থাৰ সৈতে ভাৰতীয় ৰেলৰ সংযোগ নাই। চলন্ত সম্পদ ইঞ্জিন ভাৰতীয় ৰে'লত দুই ধৰণৰ ইঞ্জিন ব্যৱহাৰ হয়- ডিজেল আৰু বৈদ্যুতিক ইঞ্জিন। ইতিমধ্যে ভাপ ইঞ্জিন ভাৰতীয় ৰেলৰ পৰা নাইকিয়া হৈ গৈছে। অৱশ্যে কেইখনমান ঐতিহ্য ৰেলত ভাপ ইঞ্জিন ব্যৱহাৰ কৰা হয়। ইঞ্জিনবোৰক ট্ৰেক গজ, ইন্ধন, কি কামৰ বাবে নিৰ্মাণ কৰা হৈছে আৰু ইঞ্জিনৰ শক্তি বা মডেল নম্বৰৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হয় আৰু ইয়াক চাৰি বা পাচটা ইংৰাজী আখৰেৰে চিহ্নিত কৰা হয়। ১ম আখৰটোৱে বুজায় কি ট্ৰেক গজৰ বাবে ইঞ্জিনটো নিৰ্মাণ কৰা হৈছে ব্ৰডগজৰ বাবে, মিটাৰগজৰ বাবে, ২ ফুট ৬ ইঞ্চি বহল নেৰ'গজৰ বাবে, ২ ফুট বহল নেৰ'গজৰ বাবে। ২য় আখৰটোৱে বুজায় ইঞ্জিনটো কি শক্তিৰ চালিত হয় ডিজেলেৰে চালিত, ডি.চি. বিদ্যুতেৰে চালিত, এ.চি. বিদ্যুতেৰে চালিত, ডি.চি আৰু এ.চি. উভয় বিদ্যুতেৰ ইঞ্জিন চালিত ক এটা আখৰ বুলি গণ্য কৰা হয়), বেটাৰীৰে চালিত(এনে ইঞ্জিন বিৰল)। ৩য় আখৰটোৱে বুজায় কি কামৰ বাবে ইঞ্জিনটো নিৰ্মাণ কৰা হৈছে -মালগাড়ীৰ বাবে, -যাত্ৰীবাহী গাড়ীৰ বাবে, -যাত্ৰীবাহী আৰু মালগাড়ী উভয়ৰে বাবে, -চাণ্টিঙৰ বাবে, -উপনগৰীয় ৰে'লৰ বাবে -ৰেলি কাৰৰ বাবে। ৪ৰ্থ আখৰটোৱে বুজায় ইঞ্জিনৰ অশ্বশক্তি বা মডেল নম্বৰ। উদাহৰণ স্বৰূপে, -4 ইঞ্জিন মানে হ'ল ই এটা ব্ৰডগজ ইঞ্জিন, ডিজেলেৰে চালিত হয়, মালগাড়ীৰ বাবে নিৰ্মিত আৰু ইয়াৰ অশ্বশক্তি ৪০০০ (১০০০ অশ্বশক্তি ১)। উল্লেখযোগ্য যে এই শ্ৰেণী বিভাজন পদ্ধতি ভাপ ইঞ্জিনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, যিহেতু ভাপ ইঞ্জিন ইতিমধ্যে ভাৰতত বন্ধ হৈ গৈছে। পুৰণি পদ্ধতিত ভাপ ইঞ্জিনবোৰক বা শ্ৰেণী বুলি সূচীত কৰা হৈছিল। ১৯৫১ চনৰ ৩১ মাৰ্চত ভাৰতীয় ৰে'লৰ ভাপ ইঞ্জিন ৮,১২০ টা, ডিজেল ইঞ্জিন ১৭টা আৰু বৈদ্যুতিক ইঞ্জিন ৭২টা থকাৰ বিপৰীতে ২০১১ চনৰ ৩১ মাৰ্চত ইঞ্জিনৰ সংখ্যা এনেধৰণৰ ভাপ ইঞ্জিন ৪৩ টা, ডিজেল ইঞ্জিন ৫,১৩৭টা আৰু বৈদ্যুতিক ইঞ্জিন ৪,০৩৩ টা। মালগাড়ীৰ ডবা ১৯৫১ চনৰ ৩১ মাৰ্চত মালগাড়ীৰ ডবাৰ সংখ্যা আছিল ২০৫,৫৯৬ টা। ১৯৮০ চনৰ ৩১ মাৰ্চত হয়গৈ ৪০৫,১৮৩ টা। কিন্তু ডবাৰ সংখ্যা ক্ৰমশঃ কমি গৈ ২০১০ চনৰ ৩১ মাৰ্চত হ'ল- ২১৯,৯৩১ টা। এই সংখ্যা প্ৰয়োজনতকৈ বহু কম। মটৰ পৰিবহণৰ প্ৰভুত্বৰ বাবে ৰেল বিভাগৰ মাল পৰিবহণৰ পৰা হোৱা আয় কমি গৈছে। ১৯৫০-৫১ চনত ভাৰতীয় ৰে'লে ৯৩০ লাখ টন মাল পৰিবহণ কৰাৰ বিপৰীতে ২০০৯-১০ চনত পৰিবহণ কৰিছিল ৮৯২০ লাখ টন। কিন্তু মাল পৰিবহণৰ এই বৰ্দ্ধিত পৰিমাণ ট্ৰাকেৰে কঢ়িওৱা মালৰ পৰিমাণতকৈ বহু কম। ১৯৫১ চনত ৰেল পৰিবহণ আৰু মটৰ পৰিবহণৰ অংশ আছিল ক্ৰমে ৬৫% আৰু ৩৫%। বৰ্তমান ৰে'ল পৰিবহণৰ অংশ কমি হ'লগৈ মাত্ৰ ৩০%। যাত্ৰীবাহী ৰেলৰ ডবা ভাৰতত যাত্ৰীবাহী ৰে'লৰ বিভিন্ন প্ৰকাৰৰ ডবা আছে। ডবা কলকাতা, মুম্বাই, দিল্লী, চেন্নাই, হায়দৰাবাদ, পুণা আৰু বাংগালুৰুত চলাচল কৰা উপনগৰীয় ৰে'লত ব্যৱহাৰ হয়। এনে ডবাৰ সংখ্যা ২০১০ চনৰ ৩১ মাৰ্চত আছিল ৭,৪৭৪ টা। ডবাৰ দুটা শ্ৰেণী আছে- প্ৰথম আৰু দ্বিতীয় শ্ৰেণী। দুয়োটা শ্ৰেণীত কেৱল বহা আসনৰহে ব্যৱস্থা আছে। আনহাতে ২০১০ চনৰ ৩১ মাৰ্চত বাদ দি যাত্ৰীবাহী ৰে'লৰ ডবাৰ সংখ্যা আছিল ৪৩,৫১৮টা আৰু অন্যান্য ডবাৰ (সামগ্ৰী কঢ়িওৱা ডবা, গাৰ্ডৰ ডবা, ডাক কঢ়িওৱা ডবা, ভোজন ডবা আদি) সংখ্যা আছিল ৬,৫০৫ টা। আয় ভাৰতীয় ৰে'লে ৭০% ৰাজহ মাল পৰিবহণৰ পৰা আৰু ৩০% যাত্ৰী পৰিবহণৰ পৰা লাভ কৰে। ২০১১-১২ বৰ্ষত ৰেল বিভাগৰ মাল পৰিবহণ আৰু যাত্ৰী পৰিবহণৰ পৰা হোৱা আয় আছিল ক্ৰমে ৬৮,৬২০ কোটি টকা আৰু ৩০,৪৬০ কোটি টকা। আয়ৰ বেছি অংশ মাল পৰিবহণৰ পৰাই আহে। ৰেল বিভাগে যাত্ৰীভাড়া কম কৰি ৰাখিছে আৰু যাত্ৰীভাড়াৰ পৰা হোৱা লোকচান মাল পৰিবহণৰ পৰা হোৱা আয়ৰ পৰা পুৰায়। ১৯৯০ চনৰ পৰা ৰে'ল বিভাগে মালগাড়ীৰ একক ডবা ভাড়ালৈ দিয়া পদ্ধতিৰ সলনি কৰি সম্পূৰ্ণ ৰেক ভাড়ালৈ দিয়া পদ্ধতি প্ৰৱৰ্তন কৰিছে। ভাৰতীয় ৰেলে কঢ়িওৱা সামগ্ৰীৰ ভিতৰত কয়লা, চিমেণ্ট, খাদ্য শস্য আৰু লোৰ আকৰেই প্ৰধান। ট্ৰেক আৰু গজ ভাৰতীয় ৰে'লত চাৰি প্ৰকাৰৰ গজ আছে: ব্ৰড গজ বহল ১৬৭৬ মিঃমিঃ, মিটাৰ গজ বহল ১০০০ মিঃমিঃ আৰু দুই ধৰণৰ নেৰ' গজ। এটা নেৰ' গজৰ বহল ৭৬২ মিঃমিঃ আৰু আনটো নেৰ' গজৰ বহল ৬১০ মিঃমিঃ। মুঠ পথ দৈৰ্ঘ্য ৬৫,০০০ কিঃমিঃৰ বিপৰীতে মুঠ ৰে'ল চিৰিৰ দৈৰ্ঘ্য ১,১৫,০০০ কিঃমিঃ। ২০১২ চনৰ ৩১ মাৰ্চলৈ ৩৪% ৰেলপথ বৈদ্যুতিকৰণ কৰা হৈছে। মুঠ ৰে'ল চিৰিৰ ৯১% আৰু মুঠ ৰেল পথৰ ৮৬% ব্ৰড গজ। মুঠ পথ দৈৰ্ঘ্যৰ ৭% মিটাৰ গজ পথ। ইউনিগজ প্ৰকল্পৰ অধীনত বিশ্ব ঐতিহ্যৰ অধীনস্থ ৰেল পথবোৰক বাদ দি অন্যান্য পথসমূহক ব্ৰড গজলৈ ৰূপান্তৰণৰ কাম চলি আছে। নেৰ' গজ ৰেলপথৰ দৈৰ্ঘ্য ২,০০০ কিঃমিঃ। সাধাৰণতে নেৰ' গজ ৰেল পথ পাহাৰীয়া অঞ্চলত দেখা যায়। দাৰ্জিলিং হিমালয়ান ৰেলৱে, কালকা-চিমলা ৰেলৱে আৰু কাংগ্ৰা ভেলী ৰেলৱে তিনিটা লেখত লবলগীয়া নেৰ' গজ পথ। বৰ্তমান ভাৰতৰ ৰে'লপথত প্ৰিষ্ট্ৰেচড কংক্ৰীট ষ্টীল অথবা কাষ্ট আইৰণৰ শ্লীপাৰ ব্যৱহাৰ কৰা হয়। বহুল ভাবে প্ৰিষ্ট্ৰেচড কংক্ৰীট শ্লীপাৰেই ব্যৱহাৰ কৰা হয়। অতীতত ব্যৱহাৰ কৰা কাঠৰ শ্লীপাৰ বৰ্তমান নাইকিয়া হৈ গৈছে। যাত্ৰীবাহী ৰে'লৰ প্ৰকাৰ গড় বেগ, থামন আৰু যাত্ৰীলৈ আগবঢ়োৱা সুবিধাৰ ওপৰত ভিত্তি কৰি যাত্ৰীবাহী ৰেলসমূহক নিম্নোক্ত শ্ৰেণীত বিভাজন কৰা হৈছে। যাত্ৰীবাহী ৰেলৰ শ্ৰেণী ভাৰতীয় ৰেলত বাতানুকুল অথবা অবাতানুকুল একাধিক শ্ৰেণী আছে। এখন ৰেলত এটা বা একাধিক শ্ৰেণী থাকিব পাৰে। মন্থৰ গতিৰ যাত্ৰীবাহী ৰেলবোৰত সাধাৰণতে অসংৰক্ষিত দ্বিতীয় শ্ৰেণীৰ আসন থকাৰ বিপৰীতে ৰাজধানী, দুৰন্ত, শতাব্দী আৰু গৰীৱ ৰথ ৰেলত কেৱল বাতানুকুল শ্ৰেণীহে আছে। ৰাজধানী, দুৰন্ত আৰু শতাব্দী ৰেলত যাত্ৰীসকলক যোগান ধৰা খাদ্যৰ মূল্য টিকটৰ সৈতে সংযোজিত হৈ থাকে। প্ৰায় প্ৰতিখন দূৰণিবতীয়া ৰেলত পেণ্ট্ৰি কাৰৰ ব্যৱস্থা থাকে। পেণ্ট্ৰি কাৰৰ কৰ্মচাৰীসকলে যাত্ৰীসকলক নিজৰ আসনত খাদ্য যোগান ধৰে। ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য তালিকাত ভাৰতীয় ৰেল ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকা ভাৰতীয় ৰেলৰ ছত্ৰপতি শিৱাজী টাৰ্মিনাছ (আগৰ নাম ভিক্টোৰিয়া টাৰ্মিনাচ) আৰু ভাৰতৰ পাৰ্বত্য ৰেলে স্থান পাইছে। বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকাভূক্ত ভাৰতৰ পাৰ্বত্য ৰেলত তিনিটা ৰেলৱে অন্তৰ্ভুক্ত হৈছে: দাৰ্জিলিং হিমালয়ান ৰেলৱে পশ্চিম বঙ্গ ৰাজ্যৰ অন্তৰ্গত এটা নেৰ'গজ ৰেলৱে নীলগিৰি পাৰ্বত্য ৰেলৱে, তামিলনাডুৰ নীলগিৰি পৰ্বতৰ মাজেৰে অতিক্ৰম কৰা এটা মিটাৰগজ ৰেলৱে কালকা-চিমলা ৰেলৱে, হিমাচল প্ৰদেশৰ শিৱালিক পাহাৰৰ মাজেৰে অতিক্ৰম কৰা এটা নেৰ'গজ ৰেলৱে। ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য পৰীক্ষামূলক তালিকাত বিশ্বৰ দীৰ্ঘতম নেৰ' গজ (৬১০ মিঃমিঃ) ৰেলৱে 'মহাৰাজ ৰেলৱে' বা 'গোৱালিয়ৰ লাইট ৰেলৱে'ই স্থান পাইছে। কেইখনমান উল্লেখযোগ্য ৰেল ভাৰতীয় ৰেলে বিশেষকৈ বিদেশী পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখি ৰাজকীয় সা-সুবিধাৰে কেইখনমান অতি বিলাসী পৰ্যটন ৰেলৰ প্ৰৱৰ্তন কৰিছে। সেই কেইখন হ'ল: পেলেচ অন হুইলচ ভাৰতীয় ৰেল আৰু ৰাজস্থান পৰ্যটন উন্নয়ন নিগমৰ যুগ্ম উদ্যমত এই ৰেলখন চলোৱা হৈছে। ই বিশ্বৰ দহখন বিলাসী ৰেলৰ অন্যতম। যাত্ৰাৰ আৰম্ভণী আৰু,সামৰণি ষ্টেচন দিল্লী। পেলেচ অন হুইলচৰ সাদিনীয়া ভ্ৰমণসূচীত ৰাজস্থানৰ জয়পুৰ, চেৱাই মাধোপুৰ, চিতোৰগড়. উদয়পুৰ, যোধপুৰ, ভৰতপুৰ আৰু উত্তৰ প্ৰদেশৰ আগ্ৰাক সামৰি লৈছে। ডেক্কান অ'ডিচি ভাৰতীয় ৰেল আৰু মহাৰাষ্ট্ৰ পৰ্যটন উন্নয়ন নিগমৰ যুগ্ম উদ্যমত ২০০৫ চনত ৰেলখন প্ৰৱৰ্তন কৰা হৈছে। ইয়াক ইউৰোপৰ পৰ্যটন ৰেল অ'ৰিয়েণ্টেল এক্সপ্ৰেছ বা দক্ষিণ আফ্ৰিকাৰ পৰ্যটন ৰেল ব্লু ট্ৰেইনৰ সৈতে তুলনা কৰা হয়। যাত্ৰাৰ আৰম্ভণি আৰু সামৰণি ষ্টেচন মুম্বাইৰ ছত্ৰপতি শিৱাজী টাৰ্মিনাছ। ডেক্কান অ'ডিচিৰ ভ্ৰমণসূচীত আছে- সিন্ধুদূৰ্গ, গোৱা, কোহলাপুৰ, ঔৰঙ্গাবাদ আৰু নাচিক। গোল্ডেন চেৰিয়ট ভাৰতীয় ৰেল আৰু কৰ্ণাটক ষ্টেট টুৰিজিম ডেভলপমেণ্ট কৰ্পোৰেচনৰ যুগ্ম উদ্যমত ২০০৮ চনত ৰেলখন প্ৰৱৰ্তন কৰা হৈছে। যাত্ৰাৰ আৰম্ভণি আৰু সামৰণি ষ্টেচন যশোৱন্তপুৰম (বাংগালুৰু)। গোল্ডেন চেৰিয়টৰ 'প্ৰাইড অৱ চাউথ' শীৰ্ষক ভ্ৰমণসূচীত কাবিনী, শ্ৰীৰঙ্গপট্টনম, মহীশূৰ, শ্ৰাৱণবেলাগোলা, বেলুৰ, হালেবিল, হাম্পি, বাদামী, পাট্টাদকাল আৰু গোৱাক সামৰি লৈছে। আনহাতে 'চাউদাৰ্ণ স্প্লেণ্ডাৰ' শীৰ্ষক ভ্ৰমণসূচীত সামৰি লোৱা পৰ্যটন কেন্দ্ৰবোৰ হ'ল- চেন্নাই, মহাবলীপুৰম, পণ্ডিচেৰী, টিৰুচিৰাপল্লী, টাঞ্জোৰ, মাদুৰাই, কন্যাকুমাৰী, থিৰুঅনন্তপুৰম আৰু আলেপ্পি। ৰয়েল ৰাজস্থান অন হুইলচ ভাৰতীয় ৰেল আৰু ৰাজস্থান পৰ্যটন উন্নয়ন নিগমৰ যুগ্ম উদ্যম। যাত্ৰাৰ আৰম্ভণি আৰু সামৰণি হয় দিল্লীৰ চফদৰজং ষ্টেচনত। সাদিনীয়া ভ্ৰমণসূচীত সামৰি লোৱা পৰ্যটন কেন্দ্ৰবোৰ হল- যোধপুৰ, উদয়পুৰ, চিতোৰগড়, চেৱাই মাধোপুৰ, জয়পুৰ, খাজুৰাহো (মধ্য প্ৰদেশ), বাৰাণসী (উত্তৰ প্ৰদেশ) আৰু আগ্ৰা। মহাৰাজচ্ এক্সপ্ৰেছ ভাৰতীয় ৰেলৰ সহযোগী প্ৰতিষ্ঠান য়ে এই বিলাসী ৰেলখন চালনা কৰে। মহাৰাজ এক্সপ্ৰেছৰ বিভিন্ন মূল্যৰ একাধিক ভ্ৰমণসূচী আছে। সেইবোৰ হ'ল ১. ইণ্ডিয়ান স্প্লেণ্ডাৰ, ২. হেৰিটেজ অৱ ইণ্ডিয়া, ৩. ট্ৰেজাৰ্চ অৱ ইণ্ডিয়া, ৪. জেমচ অৱ ইণ্ডিয়া আৰু ৫. ইণ্ডিয়ান পেনোৰামা। ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পোৰেচনে বিলাসী ৰেল মহাৰাজ এক্সপ্ৰেছ চালনা কৰাৰ উপৰিও আৰু কেইখনমান পৰ্যটন ৰেল চলায়। সেই কেইখন হ'ল- মহাপৰিনিৰ্বাণ এক্সপ্ৰেছ ভাৰত তীৰ্থ পঞ্জ তখট দৰ্শন ভাৰত দৰ্শন ষ্টীম এক্সপ্ৰেছ কালকা-চিমলা বিশেষ ৰেল দাৰ্জিলিং হিমালয়ান পৰ্যটন ৰেল। চায়েঞ্চ এক্সপ্ৰেছ ১৬টা বাতানুকুল ডবাযুক্ত এই ৰেলখন এখন ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনী। ভাৰতৰ" বিজ্ঞান আৰু প্ৰাদ্যোগিকী মন্ত্ৰনালয়" আৰু "পৰিবেশ আৰু বন মন্ত্ৰনালয়"ৰ যৌথ সহযোগত এই ৰেলখন প্ৰৱৰ্তন কৰা হৈছে। লাইফলাইন এক্সপ্ৰেছ এখন বিশেষ ৰেল, যিখনক এখন ভ্ৰাম্যমাণ চিকিত্সালয় বুলি কব পাৰি। ভাৰতৰ গ্ৰামাঞ্চলৰ ৰাইজত চিকিত্সা সেৱা আগবঢ়াবলৈ ভাৰতৰ "ৰেল মন্ত্ৰালয়" আৰু "স্বাস্থ্য মন্ত্ৰালয়"ৰ যৌথ প্ৰচেষ্টাত এই ৰেলখন প্ৰৱৰ্তন কৰা হৈছে। ৰেলখনত অস্ত্ৰোপচাৰ কক্ষকে ধৰি ৰোগী থাকিবলৈ ৱাৰ্ডো আছে। বিবেক এক্সপ্ৰেছ ভাৰতৰ সকলোতকৈ দীৰ্ঘ দূৰত্বৰ ৰেল। এই ৰেলখনে ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ ৪,২৮৬ কিঃমিঃ দূৰত্ব ৮২ ঘণ্টা ৩০ মিনিটত অতিক্ৰম কৰে। হাওৰা ডেৰাডুন ডাবল ডেকাৰ এক্সপ্ৰেছ ভাৰতৰ প্ৰথম বাতানুকুল ডাবল ডেকাৰ ৰেল। ২০১১ চনৰ ১ অক্টোবৰৰ পৰা হাওৰা আৰু ঝাৰখণ্ড ৰাজ্যৰ ধানবাদৰ মাজত এইখন ৰেলৰ চলাচল আৰম্ভ হয়। প্ৰতিবেশী দেশৰ সৈতে ৰেল সংযোগ নেপাল: নেপালৰ সৈতে ভাৰত দুটা ৰেলপথেৰ সংযোজিত হৈ আছে ১। ৰাক্সৌল (ভাৰত) বীৰগঞ্জ (নেপাল) ৰুট, ২) জয়নগৰ (ভাৰত) জনকপুৰ (নেপাল) ৰুট। প্ৰথম পথটো মিটাৰগজৰ আৰু দ্বিতীয় পথটো নেৰগজৰ যদিও ব্ৰডগজলৈ ৰূপান্তৰণৰ কাম চলি আছে। পাকিস্তান: ভাৰত আৰু পাকিস্তানৰ মাজত দুখন আন্তঃৰাষ্ট্ৰীয় ৰেল চলাচল কৰে ১) থৰ এক্সপ্ৰেছ ভাৰতৰ 'ভগত কী কোঠী' ষ্টেচন পাকিস্তানৰ কৰাচীৰ মাজত, ২) সমঝৌতা এক্সপ্ৰেছ ভাৰতৰ অমৃতসৰ জংচন আৰু পাকিস্তানৰ লাহোৰ জংচনৰ মাজত (আতাৰি ষ্টেচন হৈ)। বাংলাদেশ: ২০০৮ চনৰ এপ্ৰিল মাহৰ পৰা ভাৰতৰ কলকাতা আৰু বাংলাদেশৰ ঢাকাৰ মাজত মৈত্ৰী এক্সপ্ৰেছ নামৰ এখন আন্তঃৰাষ্ট্ৰীয় ৰেলৰ চলাচল আৰম্ভ হৈছে। তদুপৰি ভাৰতৰ সিঙ্গাবাদ আৰু পেট্ৰাপোলৰ পৰা বাংলাদেশৰ ৰোহনপুৰ আৰু বেনাপোললৈ মালগাড়ী সেৱা চলি আছে। ২০১১ চনৰ চেপ্তেম্বৰত ভাৰত আৰু বাংলাদেশ চৰকাৰে ভাৰতৰ আগৰতলা আৰু বাংলাদেশৰ আখাউৰা উপজিলাৰ মাজত আন এখন যাত্ৰীবাহী ৰেল চলাচলৰ প্ৰস্তাৱত অনুমোদন জনাইছে। সমস্যা আৰু বিচাৰ্য বিষয় ভাৰতীয় ৰেলত এতিয়াও ১৯৬২ চনৰ প্ৰযুক্তি বিদ্যমান। অৱশ্যে দ্ৰুতগতিত ভাৰতীয় ৰেলৰ কাৰিকৰী বিকাশ হৈ আছে। ইঞ্জিন, ডবা, ৰেলপথৰ আধুনিকীকৰণৰ কাম বহু বাকী। ভাৰতত ১০০ বছৰতকৈয়ো পুৰণি ৩৬,০০০খন ৰেল দলং আছে। এই দলংবোৰেৰে গধূৰ আৰু শক্তিশালী ৰেল পাৰ হৈ যোৱা কোনোমতে বিপদমুক্ত নহয়। কিন্তু ভাৰতীয় ৰেলত বিনিয়োগৰ পৰিমাণ বহু কম। স্বাভাৱিকতে আধুনিকীকৰণৰ কামো পিছ পৰি আছে। ২০০৪ চনত ভাৰতীয় ৰেলে মাত্ৰ ২২০ কিঃমিঃ নতুন পথ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। তাৰ বিপৰীতে চীন চৰকাৰে বছৰি ১১০০ কিঃমিঃতকৈয়ো অধিক ৰেলপথ বছৰি নিৰ্মাণ কৰে। ভাৰতীয় ৰেলৰ তুলনামূলকভাৱে দুৰ্ঘটনাৰ সংখ্যা সৰহ। দুৰ্ঘটনাবোৰ কূটাঘাট, কাৰিকৰী আৰু পৰিগাঁথনিগত কাৰণৰ উপৰিও মানৱীয় ভুলৰ বাবেও সংঘটিত হৈছে। ভাৰতত ১৭,০০০খন ৰক্ষীবিহীন ৰেলগেট আছে। এইবোৰতো সঘনে দুৰ্ঘটনা সংঘটিত হয়। ভাৰতীয় ৰেলে নতুন পথ নিৰ্মাণ, দ্বৈত পথ নিৰ্মাণ, গজ পৰিবৰ্তন আদি বহু প্ৰকল্প হাতত লৈছে। ২০১১ চনৰ এপ্ৰিললৈ এনে প্ৰকল্পৰ সংখ্যা ৩৪৭ টা। কিন্তু বহু প্ৰকল্পৰ কাম সময়মতে সমাপ্ত নহয়। ফলস্বৰূপে প্ৰকল্পৰ খৰচ বাঢ়ি যায়। ২০০৭-১২ পঞ্চবৰ্ষ পৰিকল্পনাৰ সময়চোৱাত ভাৰতীয় ৰেলে যদিও ১০,২৮৬ কিঃমিঃ ৰেলপথ নতুনকৈ নিৰ্মাণ, দ্বৈতকৰণ বা গজ পৰিবৰ্তন কৰিছে,এয়া নিৰ্দ্ধাৰিত লক্ষ্যতকৈ বহু কম। তথ্যসূত্ৰ প্ৰসংগ (2011) 2007); 360 978-0-231-14002-7. (1941) ভাৰতৰ ৰেল পৰিবহণ ভাৰতৰ চৰকাৰী
74021
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A7%81%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A6%A4%E0%A7%8D%E0%A6%AC%20%E0%A6%AA%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE
কুমাৰীত্ব পৰীক্ষা
কুমাৰীত্ব পৰীক্ষা হৈছে এগৰাকী ছোৱালী বা মহিলা কুমাৰী হয় নে নহয় সেইসম্পৰ্কীয় এক নিৰ্ধাৰণ প্ৰক্ৰিয়া; অৰ্থাৎ, তেওঁ যে পূৰ্বে কেতিয়াও যৌন সম্ভোগত লিপ্ত হোৱা নাই বা যৌন কাৰ্য কৰা নাই সেই সম্পৰ্কে নিৰ্ধাৰণ কৰিবলৈ কৰা এক পৰীক্ষা। পৰীক্ষাটোত সাধাৰণতে মহিলাৰ জনন অংগৰ অক্ষত হাইমেনৰ উপস্থিতিৰ বিষয়ে বুজ লোৱা হয়, ত্ৰুটিপূৰ্ণ ধাৰণা অনুসৰি ইয়াক কেৱল যৌন সম্ভোগৰ দ্বাৰা হে ছেদ কৰিব পাৰি বুলি বিশ্বাস প্ৰচলিত। কুমাৰীত্ব পৰীক্ষাক ব্যাপকভাৱে এক বিতৰ্কিত বিষয় বুলি গণ্য কৰা হয়। এই পৰীক্ষণৰ ফলত ছোৱালী আৰু মহিলাৰ ওপৰত পৰা ইয়াৰ প্ৰভাৱৰ বাবে এই প্ৰক্ৰিয়াটো অনৈতিক হিচাপে গণ্য কৰা হয়। সন্দেহজনক ধৰ্ষণ বা শিশু যৌন উৎপীড়নৰ ক্ষেত্ৰত, হাইমেনৰ বিতং পৰীক্ষা কৰা হ'ব পাৰে, কিন্তু কেৱল হাইমেনৰ পৰীক্ষাই এইক্ষেত্ৰত সম্পূৰ্ণ শুদ্ধ তথ্য প্ৰদান কৰিব নোৱাৰে। অক্টোবৰ ২০১৮-ত, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ, ৰাষ্ট্ৰসংঘৰ মহিলা আৰু বিশ্ব স্বাস্থ্য সংস্থাই কুমাৰীত্ব পৰীক্ষা সমাপ্ত হ'ব লাগে বুলি ঘোষণা কৰিছিল কিয়নো ই এক বেদনাদায়ক, অপমানজনক আৰু শাৰীৰিক আঘাতমূলক প্ৰথা, যি মহিলাৰ বিৰুদ্ধে হিংসাৰ সৃষ্টি কৰে। দুই আঙুলিৰ পৰীক্ষা কুমাৰীত্ব পৰীক্ষাৰ প্ৰক্ৰিয়াটো অঞ্চলভেদে ভিন্ন ভিন্ন হোৱা দেখা যায়। চিকিৎসকৰ সু-ব্যৱস্থা থকা অঞ্চল সমূহত এই পৰীক্ষণ অনুমতি সাপেক্ষে বা নীতি বৰ্হিভূত ভাৱে চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয়। কোনো কোনো ঠাইত চিকিৎসকৰ অনুপস্থিতিত প্ৰায়ে কোনো বয়স্ক মহিলাৰ দ্বাৰা এই পৰীক্ষণ প্ৰক্ৰিয়া সমাপন হয়। সতী পৰীক্ষণৰ সৈতে জড়িত এনে মহিলা সকলে সাধাৰণতে সামাজিক ভাৱেই এই কামৰ সৈতে জড়িত আৰু মানুহে তেওঁলোকক বিশ্বাস কৰে। কিছুমান আফ্ৰিকান জনজাতিৰ মাজত এই ধৰণৰ নিয়ম প্ৰচলিত আছে। কুমাৰীত্ব পৰীক্ষাৰ আন এক ধৰণ হ'ল আঙুলিৰ সহায়ত যোনিৰ পেশীৰ শিথিলতা পৰীক্ষা ("দুই আঙুলিৰ পৰীক্ষা")। ডাক্তৰে মহিলাৰ যোনিত আঙুলি ভৰাই যোনিৰ পেশী শিথিলতাৰ মাত্ৰা পৰীক্ষা কৰে, যি "যৌন মিলনৰে অভ্যস্ত" হয়নে নহয় তাক নিৰ্ধাৰণত সহায়তা কৰে। অৱশ্যে এই মানদণ্ডৰ উপযোগিতা, চিকিৎসক, কুমাৰীত্ব পৰীক্ষাৰ বিৰোধী সকলৰ দ্বাৰা প্ৰশ্নবিদ্ধ হৈছে। কাৰণ যোনি শিথিলতা তথা সতীচ্ছেদৰ অনুপস্থিতি উভয়ে অন্যান্য কাৰণৰ বাবেও হ'ব পাৰে আৰু "দুই আঙুলিৰ পৰীক্ষা" বিষয়গত পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰিও কৰা হ'ব পাৰে, যি নেকি বৈজ্ঞানিক দৃষ্টিভংগীৰে গ্ৰহণযোগ্য নহয়। নিষিদ্ধ হোৱাৰ আগতে বাংলাদেশ, পাকিস্তান আৰু ভাৰতত ধৰ্ষণৰ বলিহোৱা ব্যক্তিৰ ওপৰত এই পদ্ধতিৰে যৌন কাৰ্যকলাপৰ পৰীক্ষা কৰা হৈছিল। চাব-চাহাৰা আফ্ৰিকাৰ বাণ্টু লোকসকলৰ মাজত, কুমাৰীত্ব পৰীক্ষা বা লেবিয়া মেজৰা (যাক ইনফিবুলেচন বুলি কোৱা হয়) গঠন কৰাটো একপ্ৰকাৰৰ সাধাৰণ কথা। পৰম্পৰাগতভাৱে, কেনুজি ছোৱালীবোৰক (চুদানৰ) যৌৱনপ্ৰাপ্তিৰ আগতেই প্ৰাপ্তবয়স্ক পুৰুষ সকলে ব্যক্তিগতভাৱে কুমাৰীত্ব পৰীক্ষাৰ পিছত বিয়া কৰায়। কাৰণ বিভিন্ন সংস্কৃতিত কইনাৰ বিবাহৰ পূৰ্বে কুমাৰীত্বৰ প্ৰমাণৰ প্ৰয়োজন হয়। ইয়াক পৰম্পৰাগতভাৱে এক অক্ষত হাইমেনৰ উপস্থিতিৰ দ্বাৰা পৰীক্ষা কৰা হয়। এই প্ৰক্ৰিয়াটো সাধাৰণতে চিকিৎসকৰ দ্বাৰা শাৰীৰিক পৰীক্ষণ দ্বাৰা কৰা হৈছিল, যি কুমাৰীত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব বা "তেজৰ পৰীক্ষণ"ৰ দ্বাৰা অৰ্থাৎ হাইমেন ছিঙি যোৱাৰ ফলত হোৱা যোনিৰ ৰক্তক্ষৰণ পৰীক্ষা কৰিব। সাধাৰণতে বিবাহ অনুষ্ঠানৰ আগতে এই ধৰণৰ পৰীক্ষা কৰা হ'য়, আনহাতে "তেজৰ দ্বাৰা প্ৰমাণ" হৈছে বিবাহৰ সমাপ্তিৰ অংশ হিচাপে প্ৰথমনিশাৰ যৌন মিলনৰ পিছত হোৱা ৰক্তক্ষৰণৰ লক্ষণ পৰীক্ষা। গ্ৰহণযোগ্যতা বহুতো গৱেষকৰ মতে চিঙি যোৱা হাইমেন এটা নিৰ্ভৰযোগ্য সূচক নহয় যি এগৰাকী মহিলাৰ কুমাৰীত্বৰ প্ৰমাণ দিব পাৰিব। কিয়নো আন কোনো ঘটনাৰ ফলস্বৰূপেও মহিলাৰ যোনিদ্বাৰৰ হাইমেন অংশ চিঙি যাব পাৰে। তদুপৰি, আচৰিত ভাৱে, কিছুমান ছোৱালী হাইমেন অবিহনেই জন্ম হয়। হাইমেন হৈছে যোনিৰ মাংস কলাৰ এটা আঙুঠি সদৃশ অংশ যি যোনিৰ মুক্ত অংশৰ ঠিক ভিতৰ ফালে থাকে। স্বাভাৱিক তাৰতম্যৰে ই পাতল, প্ৰসাৰিত, ডাঠ বা কঠিন হ'ব পাৰে। ইম্পাৰফোৰেট হাইমেনৰ ক্ষেত্ৰতহে চিকিৎসকৰ হস্তক্ষেপৰ প্ৰয়োজন হয় কাৰণ ই ঋতুস্ৰাৱৰ ফলত নিঃসৰণ হোৱা তৰল অংশক মুক্ত ভাবে বাহিৰলৈ ওলাই অহাত সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰে বা প্ৰক্ৰিয়াটোক যথেষ্ট লেহেমীয়া কৰে। ঋতুস্ৰাৱৰ তৰল নিঃসৰণ বা সহবাসৰ ক্ষেত্ৰত এই হাইমেন অংশই অসুবিধাৰ সৃষ্টি কৰিলে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ'ব পাৰে। প্ৰথম সহবাসৰ সময়ত অত্যধিক কষ্টপোৱা বা হাইমেন অংশ চিঙি যাবলৈ সহবাসৰ প্ৰয়োজন বুলি বিশ্বাস কৰাটো এক প্ৰকাৰৰ ভ্ৰান্ত ধাৰণা। এগৰাকী মহিলাই কুমাৰীত্ব পৰীক্ষাত "উত্তীৰ্ণ" হ'বলৈ চিঙিযোৱা হাইমেন মেৰামতি বা সলনি কৰিবলৈ হাইমেনোৰ্হাফি বা হাইমেনোপ্লাষ্টি নামৰ অস্ত্ৰোপচাৰ প্ৰক্ৰিয়া এটা কৰিব পাৰে। আইনী হস্তক্ষেপ ২০১৩ চনৰ মে মাহত, ভাৰতৰ উচ্চতম ন্যায়ালয়ে ঘোষণা কৰে যে ধৰ্ষণৰ ভুক্তভোগীৰ ওপৰত কৰা দুই আঙুলিৰ পৰীক্ষাই তেওঁৰ গোপনীয়তাৰ অধিকাৰক উলংঘা কৰে, আৰু দিল্লী চৰকাৰক যৌন নিৰ্যাতন নিশ্চিত কৰিবলৈ এইক্ষেত্ৰত উন্নত চিকিৎসা প্ৰক্ৰিয়াৰ ব্যৱস্থা গ্ৰহণৰ বাবে কয়। ২০০৩ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে টিএফটিক "কাল্পনিক" আৰু "মতামতমূলক" বুলি অভিহিত কৰিছিল। বেছিভাগ দেশে ইয়াক প্ৰাচীন, অবৈজ্ঞানিক আৰু গোপনীয়তা আৰু মৰ্যাদাৰ আক্ৰমণাত্মক ব্যৱস্থা হিচাপে বাতিল কৰিছে। কুইবেকৰ কলেজ অৱ মেডেচিনে তেওঁলোকৰ সদস্যসকলক এই কুমাৰীত্ব পৰীক্ষা কৰাৰ লগতে কুমাৰীত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। ২০২১ চনত লাহোৰ উচ্চ ন্যায়ালয়ে মহিলাসকলে তেওঁলোকক ধৰ্ষণ কৰা বুলি দাবী কৰা ক্ষেত্ৰত কুমাৰীত্ব পৰীক্ষাৰ ব্যৱহাৰ নিষিদ্ধ কৰিছিল। ইউকেৰ ৰয়েল কলেজ অৱ মিডৱাইছে কয় যে কুমাৰীত্ব পৰীক্ষা কোনো চিকিৎসাগত লাভালাভ নোহোৱাকৈ এক অসুৰক্ষিত ব্যৱস্থা। যদিও ২০২১ চনলৈকে দেশখনত এই ব্যৱস্থাটো আইনী হৈ আছে। ইউকেৰ স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে তেওঁলোকে এই বিষয়টোৰ পৰ্যালোচনা কৰি আছে। তথ্যসূত্ৰ নাৰীৰ বিৰুদ্ধে
76659
https://as.wikipedia.org/wiki/%E0%A6%86%E0%A6%B2-%E0%A6%86%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE
আল-আম্বিয়া
"নবীসকল") হৈছে কোৰআনৰ ২১তম ছূৰা ইয়াৰ ১১২টা আয়াত আছে। বিশ্বাস কৰা প্ৰকাশৰ সময় আৰু প্ৰাসংগিক পৃষ্ঠভূমিসম্পৰ্কে (আচবাব আল-নুজুল), ই হৈছে পূৰ্বৰ "মক্কান ছূৰা", যাৰ অৰ্থ হৈছে ইয়াক মদিনাত পিছলৈ প্ৰকাশ কৰাৰ সলনি মক্কাত প্ৰকাশ কৰা হৈছিল বুলি বিশ্বাস কৰা হয়। ইয়াৰ মুখ্য বিষয় হৈছে অতীতৰ ভৱিষ্যতবক্তা, যিয়ে মুহাম্মাদৰ দৰে একে বিশ্বাসৰ প্ৰচাৰ কৰিছিল। সাৰাংশ ১-৪ ওচৰত অসাৱধান আৰু উপহাস কৰা বিচাৰ ৫ মাক্কান লোকসকলে মুহাম্মাদক "এজন ভগৱান" বুলি গণ্য কৰে ৬ মুহাম্মাদে কৰা অলৌকিক কাৰ্য্য সমূহ পূৰ্বৰ ৰাষ্ট্ৰসমূহে তেওঁলোকক দেখি কোনো লাভ লাভ কৰা নাছিল ৭-৮ পূৰ্বৰ ভৱিষ্যতবক্তাসকল নশ্বৰ পুৰুষ আছিল ৯ আল্লাহে তেওঁৰ ভৱিষ্যতবক্তাসকলক সহায় কৰে কিন্তু কাফিৰসকলক বিচাৰ কৰে ১০ কোৰআনত উল্লেখ কৰা কুৰাইশ্ব ১১-১৫ অবিশ্বাসী চহৰ আৰু ভাণ্ডাৰ ধ্বংস কৰা হৈছে ১৬-১৭ আল্লাহক ক্ৰীড়াক দিয়া নহয় ১৮ সত্যৰ জয় হ'ব লাগিব ১৯-২২ স্বৰ্গদূতসকলে আল্লাহৰ সেৱা কৰে, সেয়েহে উপাসনা কৰিব নালাগে ২৩ আল্লাহ সাৰ্বভৌম ২৪ মূৰ্তিপূজাৰ মহাপাপ ২৫ সকলো পাঁচনিয়ে আল্লাহৰ একতাৰ সাক্ষ্য দিছিল ২৬ স্বৰ্গদূত আল্লাহৰ কন্যা নহয়, কেৱল 'তেওঁৰ' সন্মানীয় সেৱক ২৭-২৮ কেৱল আল্লাহৰ অনুমতিৰ দ্বাৰা ফৰিষ্টাক মধ্যস্থতা ২৯ আল্লাহীয় সন্মান দখল কৰা স্বৰ্গদূতৰ ধ্বংস ৩০-৩৪ আল্লাহৰ কাৰ্য্যই তেওঁৰ দৈৱত্বৰ প্ৰমাণ ৩৫-৩৬ আল্লাহৰ বাহিৰে আন কোনো অমৰ নহয় ৩৬-৩৭ মুহাম্মাদক মাক্কানসকলে স্কোফাৰ হিচাপে গণ্য কৰে ৩৮-৩৯ পুৰুষসকলে নিজৰ ওপৰত আল্লাহৰ ক্ৰোধ কমাবলৈ খৰখেদা কৰে ৪০-৪১ ভাবুকিপূৰ্ণ প্ৰতিশোধ হঠাতে নামি আহিব ৪২-৪৩ যিসকলে প্ৰাক্তন ভৱিষ্যতবক্তাসকলক উপহাস কৰিছিল তেওঁলোকৰ ধ্বংস ৪৪ ইদোলেটাৰসকলৰ দেৱতাসকলে তেওঁলোকৰ ভোটাধিকাৰ বিতৰণ কৰিবলৈ অক্ষম ৪৫ আল্লাহে কাফিৰসকলৰ ওপৰত জয় লাভ কৰিব ৪৬ মুহাম্মাদ কেৱল এজন ৱাৰ্ণাৰ ৪৭ বধিৰসকলে আল্লাহৰ সতৰ্কবাণী শুনিব নোৱাৰে ৪৮ আল্লাহে ধাৰ্ম্মিকতাৰে বিচাৰ কৰিব ৪৯-৫১ মুহাম্মাদৰ দৰে মুছা আৰু হাৰোণেও এক প্ৰকাশ লাভ কৰিছিল আব্ৰাহমৰ ইতিহাস ৫২ তেওঁ এটা প্ৰকাশ লাভ কৰিছে ৫৩-৫৭ তেওঁৰ দেউতাক আৰু মূৰ্তিপূজাৰ দ্বাৰা লোকসকলক নিন্দা কৰে ৫৮ তেওঁ মূৰ্তিবোৰ ধ্বংস কৰাৰ এক ষড়যন্ত্ৰ ৰচনা কৰে ৫৯-৬০ তেওঁ কেল্ডিয়ানসকলৰ মূৰ্তি ধ্বংস কৰে ৬১-৬২ তেওঁক মানুহৰ সন্মুখত অভিযুক্ত কৰা হয় ৬৩-৬৪ তেওঁ আটাইতকৈ ডাঙৰ মূৰ্তিটোৰ ওপৰত দোষ আৰোপ কৰে ৬৫-৬৬ প্ৰথমে কেল্ডিয়ানসকলে অনুতাপ কৰিবলৈ নিষ্পত্তি কৰিছিল, কিন্তু তেওঁলোকে পিছলৈ ঘূৰি আহিছিল ৬৭ অব্ৰাহামে তেওঁলোকৰ মূৰ্তিপূজাৰ বাবে তেওঁলোকক ধিক্কাৰ দিয়ে ৬৮ তেওঁলোকে তেওঁক জীয়াই জ্বলাই দিয়াৰ আদেশ দিয়ে ৬৯-৭০ আল্লাহে অলৌকিকভাৱে তেওঁক প্ৰসৱ কৰে ৭১-৭৩ তেওঁ ইছা আৰু যাকোবৰ প্ৰতিশ্ৰুতি লাভ কৰে ৭৪-৭৫ চডোমৰ পৰা প্ৰদান কৰা লট ৭০-৭৭ নূহে বানপানীৰ পৰা প্ৰসৱ কৰিছিল ৭৭ নূহৰ অত্যাচাৰকাৰীসকল ডুব গৈছিল ৭৮-৮০ দাউদ আৰু চলোমনৰ জ্ঞান ৮১-৮২ চলোমনৰ অধীনত বতাহ আৰু ৰাক্ষস ৮৩-৮৪ চাকৰি তেওঁৰ দুখৰ পৰা প্ৰদান কৰা হয় ৮৫-৮৮ আন ভৱিষ্যতবক্তাসকলে আল্লাহৰ পৰা দয়া লাভ কৰে ৮৯-৯০ জাকাৰিয়াৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া হৈছিল ৯১ মৰিয়ম আৰু যীশুৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ ৯২-৯৩ প্ৰকৃত ধৰ্ম্ম, কিন্তু ইহুদী আৰু খ্ৰীষ্টানসকলৰ সম্প্ৰদায় আছে ৯৪ বিশ্বাসী লোকসকলক পুৰস্কৃত কৰাটো নিশ্চিত ৯৫-৯৭ অবিশ্বাসীসকলক পুনৰুত্থানৰ সময়ত বিচাৰ কৰা হ'ব ৯৮-১০০জন ইডোলেটাৰ আৰু তেওঁলোকৰ দেৱতাসকলক নৰকত পেলাই দিব লাগিব ১০১-১০৩ ধাৰ্ম্মিকসকলৰ পুৰস্কাৰ ১০৪ বিচাৰৰ সময়ত স্বৰ্গবোৰ আঁতৰাই পেলোৱা হ'ব ১০৫-১০৬ ধাৰ্ম্মিকসকলে পৃথিৱীৰ উত্তৰাধিকাৰী হ'ব ১০৭-১০৯ মুহাম্মাদে নিজকে ৱাৰ্ণাৰ বুলি ঘোষণা কৰে ১১০-১১১ আল্লাহে কাফিৰসকলৰ গোপন চিন্তাৰ বিষয়ে জানে ১১২ আল্লাহে কাফিৰসকলক বিচাৰ কৰিব আৰু তেওঁৰ ভৱিষ্যতবক্তাক দয়া কৰিব ঐতিহাসিক প্ৰসংগ মুছলমানসকলে বিশ্বাস কৰে যে এই ছূৰাটো দ্বিতীয় মক্কান যুগত প্ৰকাশ পাইছিল আৰু নোলড'ক কালক্ৰম অনুসৰি ৬৫ নম্বৰ হিচাপে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ আয়াতসমূহৰ ভিতৰত পূৰ্বৰ ইহুদী-খ্ৰীষ্টান ভৱিষ্যতবক্তাসকলৰ অজস্ৰ আহ্বান পোৱা গৈছে। এই উদাহৰণবোৰে কোৰআনৰ প্ৰেক্ষাপটৰ ভিতৰত মুহাম্মাদৰ ভূমিকাক বাৰ্তাবাহক হিচাপে গুৰুত্ব দিয়া আৰু সংজ্ঞায়িত কৰাত সহায় কৰে। ইয়াৰ উপৰিও, পূৰ্ব-বিদ্যমান বাইবেল আৰু জুদাইক শাস্ত্ৰৰ অন্তৰ্ভুক্তিয়ে মুহাম্মাদৰ ভৱিষ্যতবাণী মূলক অভিযানক এক বৃহত্তৰ ধৰ্মীয় পৰিকাঠামোত একত্ৰিত কৰে, আৰু এনেদৰে কোৰআন দুয়োটাৰ দিগন্তক এক ধৰ্মীয় আন্দোলন হিচাপে পাঠ আৰু ইছলাম দুয়োটাৰ দিগন্ত বহল কৰে। ছূৰাটো দ্বিতীয় মক্কান যুগৰ বিষয়গত আৰু শৈলীগতভাৱে বৈশিষ্ট্যপূৰ্ণ। আয়াতসমূহে মুহাম্মাদ (ছাঃ)ৰ ধৰ্মীয় সংস্থাক আগৰে পৰা থকা ইহুদী-খ্ৰীষ্টান ব্যক্তিসকলৰ সৈতে সম্পৰ্কিত কৰি চিনাক্ত কৰে, আৰু তাৰ পৰা সাধাৰণ ধাৰণামূলক মতবাদবোৰ বৰ্ণনা কৰে, যেনে: বিচাৰৰ দিনত মূৰ্ত হোৱা ইছলামিক এস্কেটোলজী, অবিশ্বাসী আৰু বিশ্বাসীসকলৰ ভাগ্য আৰু আল্লাহহৰ দয়া। অৰ্ডাৰ আৰু ডেলিভাৰীৰ ক্ষেত্ৰত, ছূৰা ২১-ত ত্ৰিপাক্ষিক ৰচনা আৰু অনুসৰণযোগ্য "ৰিং গাঁথনি" থাকে, য'ত তিনিটা পৃথক অংশৰ ক্ৰমৰ মাজেৰে প্ৰকাশৰ পথ সম্পূৰ্ণ বৃত্তলৈ আহে। মুঠ ১১২টা আয়াতৰে গঠিত, নবীসকলে কোৰআনৰ স্বকীয় কণ্ঠস্বৰ বজাই ৰাখে, য'ত আয়াতবোৰ তেওঁলোকৰ নিজৰ প্ৰকাশৰ বিষয়ে সচেতন যেন লাগে আৰু নিৰ্দিষ্ট বাৰ্তাবোৰ বৰ্ণনা কৰিবলৈ আন ছূৰাৰ ওপৰতো নিৰ্ভৰ কৰে। এই স্পষ্ট আত্ম-প্ৰসংগ, বা "আত্ম-ঘোষণা", আৰু আন্তঃপাঠ্যতা কোৰআনৰ বাবে অতুলনীয় আৰু আন ধৰ্মীয় গ্ৰন্থৰ পৰা পৃথক চেতনাথকা কিতাপখনৰ অধিকাৰী। এক্সেজেচিছ ১-৪০ আল্লাহৰ একতা প্ৰকাশটো নিশ্চিত কৰক আৰু মুহাম্মাদক নিৰ্বাচিত ভৱিষ্যতবক্তা হিচাপে তেওঁৰ ভূমিকাৰ প্ৰতি প্ৰতিশ্ৰুতি দিয়ক। ই আল্লাহৰ সৃষ্টিত একতা ঘোষণা কৰে। ৪১-৪৯ পূৰ্বৰ ভৱিষ্যতবক্তাসকলৰ বৰ্ণনা পূৰ্বৰ ভৱিষ্যতবক্তাসকলৰ বৰ্ণনাৰ জৰিয়তে বিশ্বাস আৰু ধাৰ্ম্মিকতাৰ উদাহৰণ আঁকিবলৈ চেষ্টা কৰক। প্ৰকাশৰ এই পদ্ধতিটোৱে একেসময়তে কোৰআনক ওপৰলৈ ঠেলি দিয়ে আৰু ইছলামৰ ধৰ্মীয় পৰিচয়ক এক বহল বিদ্যমান প্ৰেক্ষাপটত একত্ৰিত কৰে। ৭৩ ভাল কাম কৰা, প্ৰাৰ্থনা স্থাপন কৰা আৰু জাকাহ দিয়া জাফাৰ আল-ছাদিক তেওঁৰ সঙ্গীসকললৈ লিখা এখন পত্ৰত আল্লাহৰ ভৱিষ্যতবক্তাসকলৰ প্ৰতি আজ্ঞাকাৰী হোৱাৰ গুৰুত্বৰ বিষয়ে বৰ্ণনা কৰিছে আৰু ইয়াৰ সমৰ্থনত নিম্নলিখিতবোৰ উল্লেখ কৰিছে: "আৰু আমি তেওঁলোকক আমাৰ আদেশৰ দ্বাৰা পথ প্ৰদৰ্শন কৰাইছিলোঁ। আৰু আমি তেওঁলোকক ভাল কাম কৰা, প্ৰাৰ্থনা স্থাপন কৰা আৰু জাকাহ দিয়াৰ বাবে অনুপ্ৰাণিত কৰিছিলোঁ; আৰু তেওঁলোক আমাৰ উপাসক আছিল।" (২১:৭৩) ৯২-১১২ বিশ্বাসী আৰু অবিশ্বাসী সকলৰ বিভিন্ন ভাগ্য এইবাৰ বিচাৰৰ দিনা বিশ্বাসী আৰু অবিশ্বাসী সকলৰ বিভিন্ন ভাগ্য চিনাক্ত কৰাৰ জৰিয়তে প্ৰকাশৰ আন এক প্ৰতিশ্ৰুতিৰে ছূৰাটো সমাপ্ত কৰিবলৈ কাম কৰক। অধ্যায়টো আল্লাহৰ দয়ালু প্ৰকৃতিৰ অন্তিম উচ্চতাৰ সৈতে সমাপ্ত হয়। প্ৰসংগসমূহ বাহ্যিক সংযোগসমূহ 21 21:2, 50+ ছূৰা মক্কান ছূৰা আল-কোৰআনৰ ছূৰাসমূহ কোৰআন ইছলাম
75014
https://as.wikipedia.org/wiki/%E0%A6%9F%E0%A6%AE%E0%A6%AC%E0%A6%AF%E0%A6%BC
টমবয়
টমবয় হৈছে এগৰাকী ছোৱালী যি য়ে সাধাৰণতে ল'ৰাৰ বুলি ভৱা বিশেষত্ব বা আচৰণ প্ৰদৰ্শন কৰে। এই সাধাৰণ বৈশিষ্ট্যবোৰৰ ভিতৰত আছে পুৰুষসুলভ পোছাক পিন্ধা আৰু শাৰীৰিক প্ৰকৃতিৰ খেল আৰু কাৰ্যকলাপত জড়িত হোৱা আৰু বিভিন্ন সংস্কৃতি য'ত নাৰীৰ উপস্থিতি ৰিক্ত বা ল'ৰাৰ ক্ষেত্ৰ বুলি গণ্য কৰা হয়, তেনে ক্ষেত্ৰ আদিৰে জড়িত হোৱা। ব্যুৎপত্তি অক্সফৰ্ড ইংৰাজী অভিধানৰ মতে টমবয় শব্দটো মূলতঃ "উদ্ধত, উচ্ছৃংখল বা স্বয়ম্ভূ যুৱক" বুলি উল্লেখ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। এই অভিধানে ১৫৬৭ চনত প্ৰকাশিত ৰাল্ফ ৰোইষ্টাৰ ডইষ্টাৰৰ পৰা এই শব্দটোৰ প্ৰথম মুদ্ৰিত ৰূপত ব্যৱহাৰ কৰা বুলি নিৰ্ধাৰণ কৰিছে। সামাজ আৰু সংস্কৃতি ইতিহাস আৰু যৌন পৰিচয় লেখিকা মিচেল এন এবাটৰ মতে, উনবিংশ শতিকাৰ আমেৰিকান সংস্কৃতিত 'টমবয়' শব্দটোৰ ব্যৱহাৰে এক নিৰ্দিষ্ট আচৰণ বিধিৰ বিষয়ে উল্লেখ কৰিছিল যিয়ে যুৱতীসকলক ব্যায়াম, "বুদ্ধিমান পোছাক" পিন্ধিবলৈ আৰু "স্বাস্থ্যকৰ আহাৰ" খাবলৈ প্ৰেৰণা যোগাইছিল। এক স্বাস্থ্যকৰ জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে, প্ৰভাৱশালী নাৰী আচৰণ বিধিৰ বিকল্প হিচাপে এই সময়ছোৱাত টমবয়বাদৰ জনপ্ৰিয়তা দ্ৰুতভাৱে বৃদ্ধি পাইছিল। আবেটে কৈছিল যে আচৰণৰ এই পদ্ধতিটোৱে দেশৰ ভৱিষ্যত প্ৰজন্মৰ কইনা শিশু-সকলৰ শক্তি আৰু স্থিৰতা বৃদ্ধি কৰাত অৰিহণা যোগাব। তেওঁ বৰ্ণনা কৰিছিল যে দেশৰ যুৱতীসকলৰ বাবে এই টমবয়বাদ এক নতুন প্ৰতিপালন পদ্ধতি বা লিংগ বিবৃতিতকৈ অধিক আছিল; এই নতুন ধাৰাটো মানৱ জনসংখ্যাৰ আনুবংশিক মানদণ্ড উন্নত কৰাৰ এটা উপায় আছিল। ১৮৯৮ চনত নাৰীবাদী লেখিকা চাৰ্লট পাৰ্কিন্স গিলমেনে তেওঁৰ ৱমেন এণ্ড ইকনমিক্স নামৰ কিতাপখনত টমবয় হোৱাৰ ফলত স্বাস্থ্যৰ লাভালাভৰ লগতে লিংগ অন্বেষণৰ স্বাধীনতাৰ প্ৰশংসা কৰিছে। অধিবক্তা জোচেফ লীয়ে ১৯১৫ চনত লিখিছিল যে ৮ ৰ পৰা ১৩ বছৰ বয়সৰ ভিতৰত শাৰীৰিক বিকাশৰ বাবে টমবয় পৰ্যায়টো গুৰুত্বপূৰ্ণ। প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ জৰিয়তে সমাজ, সাহিত্য আৰু তাৰ পিছত চলচ্চিত্ৰত টমবয়বাদ জনপ্ৰিয় হৈ পৰিছিল। বিংশ শতিকাৰ সময়ছোৱাত ফ্ৰয়েডীয় মনোবিজ্ঞান আৰু এলজিবিটি সামাজিক আন্দোলনৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ ফলত টমবয়ৰ যৌনতা সম্পৰ্কে সামাজিক ভয়ৰ উৎপত্তি হৈছিল। এইক্ষেত্ৰত কোনো কোনোৱে প্ৰশ্ন কৰিছিল যে টমবয়বাদৰ ফলত সমকামীতাৰ উৎপত্তি হয় নেকি! ঐতিহাসিক ভাৱে টমবয় আৰু লেচবিয়ানবাদৰ মাজত এক সম্পৰ্কৰ আছে বুলি অনুমান কৰা হৈছিল। মনোবিশ্লেষক ডিয়ান এলিছৰ প্ৰবন্ধত প্ৰকাশ পাইছিল যে সাধাৰণ মহিলাতকৈ এজন টমবয় লেচবিয়ান হোৱাৰ সম্ভাৱনা অধিক। যদিও কিছুমান টমবয়ে পিছলৈ তেওঁলোকৰ কৈশোৰ বা প্ৰাপ্তবয়স্ক কালত সমকামী পৰিচয় প্ৰকাশ কৰে, কিন্তু নাৰী এগৰাকীয়ে প্ৰকাশ কৰা পুৰুষৰ দৰে আচৰণক এজন ব্যক্তিৰ যৌন অভিমুখীতাৰ প্ৰকৃত সূচক বুলি ক'ব পৰা নাযায়। লিংভূমিকা আৰু দৃঢ়বদ্ধতা টমবয় ধাৰণাটোৱে পুৰুষ আৰু মহিলাৰ বাবে পৃথক পৃথক কাৰ্যকলাপ আৰু সাজপাৰ থকা বুলি ভৱা ধাৰণাটোৰ ওপৰত প্ৰভাৱ পেলায়। ইয়াৰ দ্বাৰা লিংগভূমিকা আৰু পৰম্পৰাগত লিংগ ধাৰণা এই উভয় দিশৰ সমৰ্থন বা অস্বীকাৰ দুয়োটাই হোৱা দেখা যায়। এই ধাৰণাটো পুৰণি বা ইতিবাচক দৃষ্টিকোণৰ পৰা চোৱা হ'ব পাৰে। সাধাৰণতে নাৰীসুলভ বৈশিষ্ট্যবোৰক প্ৰায়ে অৱমূল্যায়ন কৰা হয় বা এয়া সমাজৰ বাবে অবাঞ্ছিত হোৱা দেখা যায়। টমবয়সকলে প্ৰায়ে এই দৃষ্টিভংগীৰ প্ৰতি সঁহাৰি জনায়(বিশেষকৈ নাৰীসূলভ ছোৱালীৰ প্ৰতি)। ইয়াৰ কাৰণ বিবেচনা কৰিলে দেখা যায় যে আমাৰ সামাজিক পৰিৱেশত প্ৰায়ে কেৱল পুৰুষত্বক প্ৰাধান্য বা মূল্য দিয়া দেখা যায়। আদৰ্শ পুৰুষত্বই আধিপত্যবাদৰ ওপৰত গৈ পৰম্পৰাগত মানদণ্ড নিৰ্ধাৰণ কৰে, আৰু প্ৰায়ে সৰু ল'ৰা-ছোৱালীৰ দ্বাৰা ইয়াক বজাই ৰাখিবলৈ চেষ্টা কৰা হয় আৰু তেওঁলোকৰ মাজত এই ধাৰণাসমূহ বিয়পাই দিয়া হয়। টমবয়সকলে নাৰীত্বক তেওঁলোকৰ ওপৰত জাপি দিয়া বুলি বিবেচনা কৰিব পাৰে, যাৰ ফলত নাৰীত্ব আৰু ইয়াৰ সমৰ্থক সকলৰ প্ৰতি তেওঁলোকৰ নেতিবাচক অনুভূতিৰ সৃষ্টি হয়। এই ক্ষেত্ৰত তেওঁলোকে পুৰুষত্বক বলপূৰ্বক ভাৱে জাপি দিয়া নাৰীত্বৰ বিৰুদ্ধে এক প্ৰতিৰক্ষা প্ৰণালী হিচাপে গ্ৰহণ কৰিব পাৰে। ফলত ছোৱালীবোৰ কি আৰু তেওঁলোকে কি কৰিব নোৱাৰাৰ দৰে যৌনতাবাদী ধাৰণাবোৰে অধিক শক্তিশালী ৰূপত তেওঁলোকৰ সমুখত থিয় দিয়ে। কিছুমান সংস্কৃতিত টমবয়সকলে এদিন তেওঁলোকৰ পুৰুষত্বপূৰ্ণ আচৰণ এৰি পেলাব বুলি আশা কৰা হয়। তেনে সংস্কৃতিত সাধাৰণতে যৌৱনপ্ৰাপ্তিৰ সময়ত বা ঠিক আগতে, তেওঁলোক নাৰীসুলভ আচৰণলৈ ঘূৰি আহিব, আৰু হেটেৰোনৰ্মেটিভিটি গ্ৰহণ কৰিব বুলি আশা কৰা হয়। এনে নকৰা টমবয়সকলক হম'ফ'বিক সমাজৰ দ্বাৰা কলঙ্কিত কৰা হয়। ক্ৰিডৰ যুক্তি অনুসৰি টমবয়ৰ "প্ৰতিচ্ছবিয়ে পুৰুষতান্ত্ৰিক লিংগ সীমাক কলুষিত কৰে আৰু ই লিংগৰ পাৰ্থক্যক দাঙি ধৰে", সেয়ে ই এক "ভাবুকিপূৰ্ণ ব্যক্তিত্ব।" এই "ভাবুকি"য়ে পৰিয়াল এটা কেনেকুৱা হ'ব লাগিব সেই ধাৰণাটোক প্ৰভাৱিত কৰে আৰু প্ৰত্যাহ্বান জনায়। অধ্যয়ন মহিলাৰ সাধাৰণ লিংভূমিকাৰ পৰা বিপৰীত আচৰণ আৰু আগ্ৰহৰ কাৰণৰ বিষয়ে কিছুমান অধ্যয়ন কৰা হৈছে। "এভন লংগিটুডিনেল ষ্টাডি অফ পেৰেণ্টছ এণ্ড চিল্ড্ৰেন"ৰ এক প্ৰতিবেদন অনুসৰি কিছুমান প্ৰাক-প্ৰাথমিক কন্যা শিশুক সাধাৰণত বিপৰীত লিংগ-ভূমিকাৰ আচৰণত লিপ্ত হোৱা দেখা যায়। যেনে সাধাৰণতে ল'ৰাই পছন্দ কৰা পুতলাৰ সৈতে খেলা আদি ক্ৰিয়াকলাপ, আনুবংশিক আৰু প্ৰসৱপূৰ্ব কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি অধিক আগ্ৰহ প্ৰদৰ্শনো টমবয় কন্যা সকলৰ মাজত উপলব্ধ এক আচৰণ। তথ্যসূত্ৰ লৈংগিক
96132
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%9E%E0%A7%8D%E0%A6%9C%E0%A6%AF%E0%A6%BC%20%E0%A6%A6%E0%A6%A4%E0%A7%8D%E0%A6%A4
সঞ্জয় দত্ত
সঞ্জয় বলৰাজ দত্ত (জন্ম ২৯ জুলাই ১৯৫৯) এজন ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, যিয়ে মূলতঃ হিন্দী চিনেমাত কাম কৰে। চাৰি দশকৰো অধিক সময়ৰ কেৰিয়াৰত দত্তই কেইবাটাও প্ৰশংসা লাভ কৰিছে আৰু ৰোমাঞ্চৰ পৰা আৰম্ভ কৰি কমেডী ধাৰালৈকে ১০০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে, যদিও সাধাৰণতে একচন ধাৰাত কৰা অভিনয়ৰ ফলত তেওঁ নিজকে ১৯৮০ চনৰ পিছত হিন্দী চলচ্চিত্ৰৰ অন্যতম জনপ্ৰিয় অভিনেতা বুলি প্ৰমাণ কৰিছে। প্ৰাৰম্ভিক জীৱন ভাৰত গণৰাজ্যৰ তেতিয়াৰ বম্বে ৰাজ্যৰ বম্বে চহৰত জন্মগ্ৰহণ কৰা দত্তৰ পিতৃ-মাতৃ আছিল বিখ্যাত হিন্দী চিনেমাৰ অভিনেতা সুনীল দত্ত আৰু নৰ্গিছ দত্ত। পাঞ্জাবী হিন্দু মহয়াল ব্ৰাহ্মণ পিতৃ আৰু পাঞ্জাবী মুছলমান মাতৃৰ ঘৰত জন্মগ্ৰহণ কৰা দত্তৰ বংশৰ আদিস্থান পশ্চিম পঞ্জাৱৰ ৰাৱালপিণ্ডি সংমণ্ডলৰ আছিল। সঞ্জয়ৰ দুগৰাকী ভগ্নী আছে প্ৰিয়া দত্ত আৰু নম্ৰতা দত্ত। উৰ্দু ভাষাৰ চলচ্চিত্ৰ আলোচনী শ্বামাৰ জৰিয়তে ক্ৰাউডছ'ৰ্চিঙৰ দ্বাৰা সঞ্জয়ৰ নাম বাছি লোৱা হৈছিল। ১৯৮১ চনত তেওঁৰ প্ৰথম ছবিখনৰ প্ৰিমিয়াৰৰ কিছু সময়ৰ আগতে তেওঁৰ মাতৃৰ মৃত্যু হয়; তেওঁৰ মৃত্যুক তেওঁৰ ড্ৰাগছ সেৱনৰ প্ৰৰোচক হিচাপে উল্লেখ কৰা হৈছে। দত্তই সৰু কালতেই অভিনয়ত আত্মপ্ৰকাশ কৰিছিল, তেওঁৰ পিতৃৰ ছবি ৰেশমা ঔৰ শ্বেৰা (১৯৭১)ত কাৱালী গায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। পেচা প্ৰাৰম্ভিক পেচা আৰু অগ্ৰগতি (১৯৮১–১৯৮৮) ১৯৮১ চনত বক্স অফিচত ছুপাৰ হিট ৰকি ছবিৰে বলীউডত অভিষেক ঘটে। তাৰ পিছত দত্তই ১৯৮২ চনৰ সৰ্বাধিক উপাৰ্জন কৰা হিন্দী ছবি বিধাতা ছবিত অভিনয় কৰে আৰু লগতে প্ৰবীণ অভিনেতা দিলীপ কুমাৰ, শম্মি কাপুৰ আৰু সঞ্জীৱ কুমাৰেও অভিনয় কৰে। ম্যে আৱাৰা হু (১৯৮৩)ৰ দৰে চিনেমাতো তেওঁ অভিনয় কৰিছিল। ১৯৮৫ চনত তেওঁ দুবছৰৰ ভিতৰত প্ৰথমখন ছবি জান কি বাজীৰ শ্বুটিং কৰে। তাৰকা হিচাপে উত্থান (১৯৮৯–১৯৯৩) কব্জা (১৯৮৮) আৰু জে পি দত্তৰ হাথ্যিয়াৰ (১৯৮৯) দুয়োখন ছবিতে তেওঁৰ অভিনয়ক সমালোচকসকলে ভাল পাইছিল, যদিওবা দুয়োখন ছবিয়ে বক্স অফিচত শোচনীয় প্ৰদৰ্শন কৰিছিল। আশীৰ দশকৰ শেষৰ ফালে তেওঁক গোবিন্দ, মিথুন, ধৰ্মেন্দ্ৰ, জ্যেকী ফ আৰু ছানি দেওলৰ দৰে আগশাৰীৰ বলিউড অভিনেতাৰ সৈতে কেইবাখনো ছবিত অভিনয় কৰা দেখা গৈছিল। নব্বৈৰ দশকতো তেওঁৰ সফলতা অব্যাহত আছিল, তেজা, খটাৰনাক, জহৰিলে, থানেদাৰ, খোণ কা কাৰ্জ, য়ালগাৰ, গুমৰাহ, সাহিবান আৰু আতিছ: ফিল দ্য ফায়াৰ আদি ছবিৰে। তাৰ পিছত তেওঁ নব্বৈৰ দশকৰ আৰম্ভণিৰ কিছুমান যুগ নিৰ্ধাৰণকাৰী ভাৰতীয় ছবি যেনে সাদক, সাজন (যিটোৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছিল) আৰু খলনায়কত অভিনয় কৰে, যাৰ বাবে তেওঁ দ্বিতীয়টো ফিল্মফেয়াৰ বঁটা লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ মনোনয়ন। দ্য হিন্দুয়ে লিখিছিল যে "দত্তৰ আগৰ ছবিসমূহে ("নাম" আৰু "সড়ক" দৰে) তেওঁক বহুত অনুকূল মনোযোগ আকৰ্ষণ কৰিছিল", আৰু "সাজনে দত্তক গতানুগতিক কোমল নায়ক হিচাপে প্ৰতিষ্ঠা কৰিছিল।"সাজন আছিল ১৯৯১ চনৰ সৰ্বাধিক উপাৰ্জন কৰা বলীউডৰ ছবি, আৰু... ১৯৯১ চনত সাডাক আছিল পঞ্চম সৰ্বাধিক উপাৰ্জনকাৰী। খলনায়ক ব্লকবাষ্টাৰ হৈছিল আৰু ১৯৯৩ চনৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী আছিল। ইয়াৰ পিছতে বক্স অফিচত আন এক সফলতা লাভ কৰে গুমৰাহ, এইখন আছিল দত্তৰ বছৰৰ দ্বিতীয়খন হিট ছবি। ১৯৯৩ চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণত জড়িত হোৱাৰ বাবে গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰৰ পিছৰ ছবি (১৯৯৩–১৯৯৯) ১৯৯৩ চনত বম্বে (বৰ্তমানৰ মুম্বাই)ত ধাৰাবাহিক বোমা বিস্ফোৰণ সংঘটিত হৈছিল। বলীউডৰ সৈতে জড়িত কেইবাজনো লোকৰ ভিতৰত দত্তও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগ কৰা হৈছিল যে দত্তই আবু চালেমৰ পৰা নিজৰ ঘৰত অস্ত্ৰ-শস্ত্ৰ গ্ৰহণ কৰিছিল আৰু তেওঁৰ সৈতে ৰিয়াজ ছিদ্দিকীও আছিল, যিজন মুম্বাই বিস্ফোৰণৰ সৈতে জড়িত আছিল। দাবী কৰা হৈছিল যে এই অস্ত্ৰসমূহ সন্ত্ৰাসবাদীৰ সৈতে জড়িত তথা অস্ত্ৰৰ বৃহৎ চালানৰ এক অংশ। দত্তই অৱশ্যে স্বীকাৰোক্তিত উল্লেখ কৰিছে যে তেওঁ নিজৰ পৰিয়ালৰ সুৰক্ষাৰ বাবেহে তেওঁৰ চিনেমা "ছনম"ৰ প্ৰযোজকৰ পৰা মাত্ৰ এটা টাইপ-৫৬ পিষ্টল হে লৈছিল। ইয়াৰ উপৰিও সঞ্জয় দত্তৰ পিতৃ সুনীল দত্তৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ বাবে সঞ্জয় দত্তক দোষী সাব্যস্ত কৰা হৈছিল বুলিও খবৰ পোৱা গৈছিল। ১৯৯৩ চনত গ্ৰেপ্তাৰ হোৱাৰ পিছত দত্তৰ প্ৰথমখন ছবি আছিল দাউড (১৯৯৭)। ই বহু প্ৰচাৰ লাভ কৰাৰ পিছতো বক্স অফিচত বেয়া প্ৰদৰ্শন কৰিছিল। ইয়াৰ পিছত "দুছমন" চলচ্চিত্ৰই আৰ্থিকভাৱে ভাল প্ৰদৰ্শন কৰে। প্ৰত্যাৱৰ্তন (১৯৯৯–২০০৩) ১৯৯৯ চনটো দত্তৰ বাবে আছিল এক উৎকৃষ্ট বছৰ আৰু তেওঁৰ চলচ্চিত্ৰ জগতলৈ উভটি আহা হিচাপে গণ্য কৰা বছৰ। তেওঁৰ মুক্তি পোৱা পাঁচখন ছবিৰ সকলোবোৰেই সেই বছৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ তালিকাত আছিল। ইয়াৰ আৰম্ভণিতে মহেশ ভাট পৰিচালিত কাৰ্টুছ ছবিত অভিনয় কৰে, তাৰ পিছত খুবছুৰট, হাছিনা মান জায়েগী, ডাগ: দ্য ফায়াৰ আৰু বাস্তভ: দ্য ৰিয়েলিটি ছবিত অভিনয় কৰি তেওঁ বহু বঁটা লাভ কৰে, য’ত তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ প্ৰথম ফিল্মফেয়াৰ বঁটাকে ধৰি বহু বঁটা লাভ কৰে। মুন্না ভাই এম.বি.বি.এছ.ৰ সৈতে যুগান্তকাৰী সফলতা (২০০৩–বৰ্তমান) বঁটা আৰু মনোনয়ন ফিল্মফেয়াৰ বঁটা ১৯৯২: মনোনীত, শ্ৰেষ্ঠ অভিনেতা সাজান ১৯৯৪: মনোনীত, শ্ৰেষ্ঠ অভিনেতা খলনায়ক ২০০০: জয়ী, শ্ৰেষ্ঠ অভিনেতা বাস্তভ: দ্য ৰিয়েলিটি ২০০১: মনোনীত, শ্ৰেষ্ঠ অভিনেতা মিছন কাশ্মীৰ ২০০৩: মনোনীত, শ্ৰেষ্ঠ সহযোগী অভিনেতা কান্টে ২০০৪: জয়ী, মুন্নাভাই এম.বি.বি.এছ. ২০০৬: মনোনীত, শ্ৰেষ্ঠ সহযোগী অভিনেতা পৰিনীতা ২০০৭: মনোনীত, শ্ৰেষ্ঠ অভিনেতা লগে ৰাহো মুন্না ভাই ষ্টাৰ স্ক্ৰীণ এৱাৰ্ড ২০০০: জয়ী, শ্ৰেষ্ঠ অভিনেতা বাস্তভ: দ্য ৰিয়েলিটি ২০০১: মনোনীত, শ্ৰেষ্ঠ অভিনেতা কুৰুক্ষেত্ৰ ২০০১: জয়ী, শ্ৰেষ্ঠ সহযোগী অভিনেতা মিছন কাশ্মীৰ ২০০৪: মনোনীত, মুন্নাভাই এম.বি.বি.এছ. ২০০৫: মনোনীত, শ্ৰেষ্ঠ সহযোগী অভিনেতা মুছাফিৰ ২০১৩: মনোনীত, শ্ৰেষ্ঠ খলনায়ক অগ্নিপথ আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ একাডেমী বঁটা ২০০০: জয়ী, শ্ৰেষ্ঠ অভিনেতা বাস্তভ: দ্য ৰিয়েলিটি ২০০১: মনোনীত, শ্ৰেষ্ঠ অভিনেতা মিছন কাশ্মীৰ ২০০৭: মনোনীত, শ্ৰেষ্ঠ অভিনেতা লগে ৰাহো মুন্না ভাই ২০১০: জয়ী, কমিক ৰ'লত শ্ৰেষ্ঠ অভিনয় অল দ্য বেষ্ট ২০১৩: মনোনীত, ঋণাত্মক ভূমিকাত শ্ৰেষ্ঠ অভিনেতা অগ্নিপথ গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড ২০০৬: বিজয়ী, শ্ৰেষ্ঠ অভিনেতা (পুৰুষ) লাগে ৰাহো মুন্না ভাই ষ্টাৰডাষ্ট বঁটা ২০০৪ চনত জয়ী, বছৰৰ তাৰকা বঁটা (পুৰুষ) মুন্নাভাই এম.বি.বি.এছ. ২০০৭: জয়ী, বছৰৰ তাৰকা বঁটা (পুৰুষ) লগে ৰাহো মুন্না ভাই ২০১৩: জয়ী, ঋণাত্মক ভূমিকাত শ্ৰেষ্ঠ অভিনেতা অগ্নিপথ জি চিনে বঁটা ২০০১: জয়ী, জি প্ৰিমিয়াৰ চয়ছ (পুৰুষ) মিছন কাশ্মীৰ ২০০৭: জয়ী, শ্ৰেষ্ঠ অভিনেতা (পুৰুষ) লগে ৰাহো মুন্না ভাই বলীউড চিনেমাৰ বঁটা ২০০৩: জয়ী, শ্ৰেষ্ঠ অভিনেতা (পুৰুষ) কান্টে ২০০৪: জয়ী, মুন্নাভাই এম.বি.বি.এছ. বংগ চলচ্চিত্ৰ সাংবাদিক সন্থাৰ বঁটা ২০০৪: জয়ী, মুন্নাভাই এম.বি.বি.এছ. অন্যান্য বঁটা ২০০৪: জয়ী, বলীউড ফেশ্বন এৱাৰ্ডত চেলিব্ৰিটি ষ্টাইল পুৰুষ ২০০৮: বিজয়ী, এ এক্স এন শ্ৰেষ্ঠ একচন অভিনেতা ২০১৪: মনোনীত, শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বাবে বলীউড হাংগামা চাৰ্ফাৰ্ছৰ চয়ছ মুভি বঁটা পি কে তথ্য
7429
https://as.wikipedia.org/wiki/%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%88%E0%A6%B2%E0%A7%8B%E0%A6%95%E0%A7%8D%E0%A6%AF%20%E0%A6%A8%E0%A6%BE%E0%A6%A5%20%E0%A6%97%E0%A7%8B%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%AE%E0%A7%80
ত্ৰৈলোক্য নাথ গোস্বামী
ত্ৰৈলোক্য নাথ গোস্বামী জন্ম: ১৯০৬ মৃত্যু: ১৯৮৮) একাধাৰে এজন অসমীয়া সাহিত্যিক সমালোচক, গল্পকাৰ, নন্দন তাত্ত্বিক, সুবক্তা আৰু শিক্ষাবিদ। ১৯৬৫ চনত ৰচিত আধুনিক গল্প সাহিত্য নামৰ গ্ৰন্থখনৰ বাবে গোস্বামীয়ে ১৯৬৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। প্ৰাৰম্ভিক জীৱন ত্ৰৈলোক্য নাথ গোস্বামীদেৱৰ ১৯০৬ চনত চৈতন্যপন্থী নলবাৰী সত্ৰত জন্ম হয়। পিতৃ নাম সিদ্ধেশ্বৰ গোস্বামী আছিল আৰু তেওঁ সত্ৰৰ অধিকাৰ আছিল। মাতৃৰ নাম আছিল পদ্মপ্ৰিয়া গোস্বামী। ১৯২৬ চনত নলবাৰীৰ গৰ্ডন হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কটন কলেজত নাম লগায়। ১৯৩০ চনত দৰ্শন বিভাগত সন্মানসহ স্নাতক উপাধি লাভ কৰে, আৰু ১৯৩২ চনত কটন কলেজৰপৰাই ইংৰাজী বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে। আৰ্ল ল’ কলেজৰ পৰা ১৯৩৫ চনত বি. এল. পৰীক্ষা পাছ কৰে। কৰ্মজীৱন প্ৰথমে "অক্সফোৰ্ড ইউনিভাৰ্ছিটি প্ৰেছ"ত কাৰ্যাধ্যক্ষৰ হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। পাছলৈ নলবাৰীৰ গৰ্ডন হাইস্কুলত সহকাৰী শিক্ষক হিচাপে সোমায়। কিছুদিন কলিকতাৰ “অক্সফোৰ্ড ইউনিভাৰ্ছিটি প্ৰেছ”ত কাৰ্যাধ্যক্ষৰ সহায়কাৰীৰূপে কাম কৰাৰ পাছত নলবাৰী গৰ্ডন স্কুলত শিক্ষক হিচাপে যোগদান কৰি শিক্ষক জীৱনৰ পাতনি মেলে। তাৰপাছত উত্তৰ গুৱাহাটীৰ কমলেদেৱ ইনষ্টিটিউটত প্ৰধান শিক্ষকৰূপে আৰু যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰূপে, মাজতে কটন কলেজ আৰু শ্ৰষট্টৰ মুৰাৰীচাঁদ কলেজতো অধ্যাপনা কৰে। তেওঁ ধুবুৰী চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়তো শিক্ষকতা কৰিছিল। ১৯৪৫ চনত নলবাৰী মহাবিদ্যালয় প্ৰতিষ্ঠা হোৱাত, উক্ত মহাবিদ্যালয় ৰ অধ্যক্ষৰূপে তেওঁ যোগদান কৰে আৰু একেৰাহে ২৩ বছৰ নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰি ১৯৬৮ চনৰ ১ অক্টোবৰৰ পৰা অৱসৰ গ্ৰহণ কৰে। গোস্বামীদেৱ জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বাধীন সমাজবাদী দলৰ এগৰাকী ৰাজনৈতিক কৰ্মীও আছিল। তেওঁ ১৯৫১ চনৰ সাধাৰণ নিৰ্বাচনত পূৱ নলবাৰী সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে অসম বিধানসভালৈ প্ৰতিদ্বন্দ্ব্বিতা কৰি পৰাজিত হৈছিল। তাৰ পাছৰপৰাই সক্ৰিয় ৰাজনীতি ত্যাগ কৰে। ১৯৬০ আৰু ১৯৬১ চনত ক্ৰমে পলাশবাৰীআৰু গোৱালপাৰাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনত সভাপতিত্ব কৰে। সাহিত্যিক অৱদান ত্ৰৈলোক্য নাথ গোস্বামীয়ে সাহিত্য সমালোচক হিচাপে খ্যাতি অৰ্জন কৰিছিল। প্ৰথমে কবিতাৰে সাহিত্যিক জীৱন আৰম্ভ কৰিছিল আৰু পাছলৈ গল্প লিখিবলৈ আৰম্ভ কৰে। তেওঁ ‘ঘৰ জেউতি’ত ‘ভাৰত ৰমণী’ কবিতাটি লিখি সাহিত্য জগতত প্ৰথম আত্মপ্ৰকাশ কৰে। তাৰপাছত তেওঁ আৱাহন আৰু বাঁহীত গল্প আৰু সমালোচনা লিখিছিল। ১৯৬৫ চনত ৰচিত আধুনিক গল্প সাহিত্য নামৰ গ্ৰন্থখনৰ বাবে গোস্বামীদেৱে ১৯৬৭ চনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। এই গ্ৰন্থখনক ১৯৬১-৬৫ চনৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ গ্ৰন্থৰূপেও অসম সাহিত্য সভাই পুৰস্কৃত কৰে। গ্ৰন্থখনত চুটিগল্প, পাশ্চাত্য গল্প সাহিত্যৰ চমু পৰিচয়, গল্পকাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু প্ৰেমচন্দ, অসমীয়া চুটিগল্পৰ ক্ৰমবিকাশ শীৰ্ষক আলোচনা সন্নিৱিষ্ট হৈছে। গ্ৰন্থখনৰ প্ৰথম খণ্ডত চুটি গল্পৰ সমাদৰ, চুটি গল্পৰ কাহিনী, দ্বন্দ্ব, ৰচনা কৌশল, কথা-বস্তু আদি; দ্বিতীয় খণ্ডত ওৱাছিংটন আৰভিং, এলেন পো, গগল, টুৰ্গেনিভ, মোপাছাঁ, চেখভ, হেমিংৱে, জ্যাঁপল ছাট্ৰে, ক্যেমু আদি; তৃতীয় খণ্ডত প্ৰখ্যাত গল্পকাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু হিন্দী গল্পকাৰ মুন্সি প্ৰেমচন্দৰ সাহিত্যিক প্ৰতিভা আদি আৰু চতুৰ্থ খণ্ডত ৩৭ গৰাকী অসমীয়া গল্পকাৰৰ গল্পৰ বিশ্লেষণ আৰু আলোচনা দাঙি ধৰা হৈছে। গ্ৰন্থপঞ্জী গল্প পুথি অৰুণা (১৯৪৮) মৰীচিকা (১৯৪৮) শিল্পীৰ জন্ম (১৯৫৭) জীৱনৰ জীয়া জুই (১৯৭০) ব্যংগ উপন্যাস জীয়া মানুহ সমালোচনা মূলক গ্ৰন্থ সাহিত্য আলোচনা (১৯৫০) আধুনিক গল্প সাহিত্য (১৯৬১) সমুদ্ৰ মণ্ঠন (১৯৬৮) ইংৰাজী সমালোচনাৰ ধাৰা আৰু অসমীয়া সাহিত্যত ইয়াৰ প্ৰভাৱ (১৯৭০) সাহিত্যকলা আৰু তাৰ বিচাৰ (১৯৭০) নন্দনত্তত্ত্বঃ প্ৰাচ্য আৰু পাশ্চাত্য (১৯৮০, এই গ্ৰন্থ প্ৰকাশন পৰিষদৰ দ্বাৰা পুৰস্কৃত) চিন্তা তৰংগ সম্পাদিত আলোচনী গ্ৰন্থ প্ৰবন্ধ চয়ন (১৯৬৫) মন্দাকিনী (আলোচনী, ১৯৬৬) জীৱনী চয়ন (১৯৬৫) আধুনিক অসমীয়া গল্প সংগ্ৰহ অপ্ৰকাশিত নাটক পদুম কুঁৱৰী বজাৰৰ এফাল উপন্যাস পমিলা প্ৰকাশিত কাব্য পুথি মানসী স্বীকৃতি আৰু সন্মান ১৯৬৫ চন সাহিত্য সভা বঁটা, আধুনিক গল্প সাহিত্যৰ বাবে। ১৯৬৭ চন সাহিত্য অকাডেমি বঁটা, আধুনিক গল্প সাহিত্যৰ বাবে। অসম প্ৰকাশন পৰিষদ বঁটা, নন্দনতত্ত্ব-প্ৰাচ্য আৰু পাশ্চাত্য গ্ৰন্থৰ বাবে। ১৯৬০ আৰু ১৯৬১ চনত ক্ৰমে পলাশবাৰী আৰু গোৱালপাৰাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি ৰূপে নিৰ্বাচিত। মৃত্যু প্ৰায় আঢ়ৈ কুৰি বছৰে অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ হকে অক্লান্ত পৰিশ্ৰম আৰু নীৰৱকাশ সাধনাৰে জাতিক ধন্য কৰি যোৱা ত্ৰৈলোক্যনাথ গোস্বামীৰ ১৯৮৮ চনৰ ফেব্ৰুৱাৰী মাহৰ ২ তাৰিখে মৃত্যু ঘটে। তথ্য সংগ্ৰহ অসমৰ ব্যক্তি মৃত ব্যক্তি অসমীয়া কবি অসমীয়া গল্পকাৰ অসমীয়া শিক্ষাবিদ অসমৰ ৰাজনীতিক নলবাৰী জিলাৰ প্ৰসিদ্ধ ব্যক্তি অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী অসম সাহিত্য সভাৰ
26509
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%82%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A6%95%E0%A7%81%E0%A6%AE%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%82%E0%A6%9E%E0%A6%BE
সূৰ্যকুমাৰ ভূঞা
ৰায় বাহাদুৰ সূৰ্যকুমাৰ ভূঞা ১৮৯৪-১৯৬৪) অসমৰ এজন বুৰঞ্জীবিদ, শিক্ষাবিদ, সমাজ সংগঠক,গল্পকাৰ, প্ৰবন্ধকাৰ, কবি আৰু অধ্যাপক। তেখেতে অসমীয়া সাহিত্য জগতত প্ৰাচীন বুৰঞ্জী বিষয়ক বহুবোৰ গ্ৰন্থ উদ্ধাৰ কৰি সম্পাদনা কৰাৰ লগতে গল্প, প্ৰবন্ধ, জীৱনী আদি গ্ৰন্থ লিখি ভাষা-সাহিত্যক সমৃদ্ধিশালী কৰি থৈ গৈছে। তেখেত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ অন্যতম প্ৰতিষ্ঠাপক আছিল, তেখেত ১৯৫৩ চনত অসম সাহিত্য সভাৰ শ্বিলং অধিৱেশনৰ সভাপতি আছিল আৰু ১৯৫৬ চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল। তেখেত ১৯৫২-৫৩ চনত ৰাজ্যসভালৈ নিৰ্বাচিত হয়। নগাওঁ জিলা বিভাজনৰ আগতে এই জিলাৰ পৰা অসম সাহিত্য সভালৈ নিৰ্বাচিত হোৱা সূৰ্যকুমাৰ ভূঞা আছিল সৰ্বপ্ৰথম ব্যক্তি। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ তেখেতৰ দিনতে গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটীৰপৰা জালুকবাৰীলৈ স্থানান্তৰ কৰা হয়৷ অসম বুৰঞ্জীক অসমীয়া সাহিত্যত এক উচ্চ আসন প্ৰদান কৰাত সুৰ্যকুমাৰ ভূঞাৰ অৱদানেই সৰ্বাধিক। বংশ পৰিচয় সূৰ্যকুমাৰ ভূঞাৰ পূৰ্বপুৰুষ কৌণৰ সিং আছিল বিহাৰৰ পূৰ্ণিয়া জিলাৰ৷ তেওঁ দুজন পুত্ৰ আৰু এগৰাকী কন্যা আছিল৷ তেওঁৰ সহদেৱ সিং নামৰ পুত্ৰজন আৰু কন্যাগৰাকী অকালতে মৃত্যু হৈছিল৷ বাকী আছিল এজন পুত্ৰ, মংগল সিং৷ মংগল সিং ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত সৈনিকৰ চাকৰি কৰিছিল আৰু অসমীয়া সৈন্যক প্ৰশিক্ষণ দিবলৈ ফৌজৰ লগত অসমলৈ আহিছিল৷ পিছত গৌৰিনাথ সিংহৰ দিনত তেওঁ আহোম ৰাজ্যতে স্থায়ীভাবে থাকিবলৈ লয় আৰু শিৱসাগৰৰ শনি ভূঞাৰ পৰিয়ালৰ এগৰাকী কন্যা বিবাহ কৰায়৷ তেঁৱেই আছিল সূৰ্যকুমাৰ ভূঞাৰ আজোককাক৷ বংশাৱলী সূৰ্য্যকুমাৰ ভূঞাৰ বংশাৱলী তলত দিয়া ধৰণৰ:- জন্ম সূৰ্যকুমাৰ ভূঞাই ১৮৯৪ চনৰ ১৩ জানুৱাৰীৰ দিনা নগাঁও জিলাৰ ফৌজদাৰীপট্টিত জন্ম গ্ৰহণ কৰে। সূৰ্যকুমাৰ ভূঞাৰ পিতৃৰ নাম ৰবিলাল ভূঞা আৰু মাতৃৰ নাম ভুৱনেশ্বৰী ভূঞা আছিল। তেওঁ সৰু হৈ থাকোঁতেই মাতৃৰ বিয়োগ হয়। ঊনবিংশ শতিকাৰ শেষৰফালে হোৱা ক’লাজ্বৰৰ সময়ছোৱাত তেখেতৰ পিতৃৰ দুই ভাতৃ কনকলাল ভূঞা আৰু মতিলালভূঞাৰ লগতে ভুৱনেশ্বৰী ভূঞাৰো মৃত্যু হয়। সৰুৰে পৰা সূৰ্যকুমাৰ ভুঞাক পাহিতা আৰু লবিতা নামৰ দুগৰাকী আইতাকে লালন-পালন কৰিছিল। তেওঁৰ পিতৃয়ে নগাঁও জিলাৰ মুখ্য জিলা দণ্ডাধীশ হিচাপে এসময়ত কাৰ্যনিৰ্বাহ কৰিছিল। শিক্ষা সূৰ্যকুমাৰ ভূঞাৰ বাল্যকালৰ শিক্ষা নগাঁও চহৰতে আৰম্ভ হৈছিল। ১৯০১ চনত তেখেতে নগাওঁ চৰকাৰী হাইস্কুলত অষ্টমমান শ্ৰেণীত নামভৰ্তি কৰিছিল যদিও পাছলৈ পিতৃৰ চাকৰিসূত্ৰে বদলি হোৱাত তেওঁলোকৰ পৰিয়াল ১৯০৪ চনত শ্বিলঙলৈ যায়। তাতে তেখেতে ১৯০৯ চনত শ্বিলং চৰকাৰী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। উল্লেখ্য যে ‘আহোমৰ দিন’ গ্ৰন্থখন ভূঞাই ১৯০৯ চনত কটন কলেজত পঢ়িবৰ বাবে এণ্ট্ৰেস পৰীক্ষা দি আজৰি পোৱা সময়ছোৱাত লিখিছিল। সেইবাৰেই তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ "জুনিয়ৰ বৃত্তি" আৰু "ভিক্টোৰিয়া মেম’ৰিয়েল সোণৰ পদক" লাভ কৰে। তেখেতে ১৯০৯ চনত কটন কলেজৰ আই.এ শ্ৰেণীত নামভৰ্তি কৰে আৰু ১৯১১ চনত কটন কলেজৰপৰা প্ৰথম বিভাগত উত্তীৰ্ণ হয়। এইদৰে উত্তীৰ্ণ হৈ তেখেতে‘দীপৰু মেধি ৰূপৰ স্মৃতি পদক’ আৰু ‘আনন্দৰাম বৰুৱা বঁটা’ লাভ কৰিছিল। ইয়াৰোপৰি তেওঁ পঁচিশটকীয়া এটা প্ৰতিযোগিতামূলক বৃত্তিও লাভ কৰিছিল। এই সময়ছোৱাতে তেখেত নগাঁৱত কিছুদিন থাকিছিল আৰু নগাঁৱৰ ছাত্ৰ সকলৰ বাবে থকা হিতসাধিনী সভাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তেখেতৰ লগত সহযোগ কৰা ব্যক্তিসকল ক্ৰমে- দেৱানন্দ ভঁৰালী, কালিৰাম মেধি, শৰৎ চন্দ্ৰ গোস্বামী, পণ্ডিত তৰানাথ চক্ৰৱৰ্তী কাব্যবিনোদ, হৰিনাৰায়ণ দত্তবৰুৱা আৰু কমলাকান্ত বৰুৱা। তেখেতে ১৯১৩ চনত কলিকতাৰ ‘প্ৰেচিডেন্সি কলেজ’ৰ পৰা দ্বিতীয় শ্ৰেণীত স্নাতক আৰু ১৯১৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ সন্মান লাভ কৰে। ১৯২৪ চনত তেখেতে ‘বি এল’ সন্মান লাভ কৰে। ১৯১৭ চনত ভূঞাক বালিগাঁৱৰ সংস্কৃত টোলৰ পৰা ‘বিদ্যা-ভূষণ’ উপাধি প্ৰদান কৰা হৈছিল। তেখেত কটন কলেজৰ অধ্যাপক হৈ থাকোঁতেই দুবছৰৰ বাবে ছুটী লৈ বিলাতলৈ যাত্ৰা কৰে আৰু অধ্যাপক হেনৰু হাৱাৰ্ড ডডৱেলৰ তত্ত্বাবধানত গৱেষণা আৰম্ভ কৰে। তেখেতে ১৯৩৮ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। গৱেষণাৰ বিষয় 1771 1826'. সুদীৰ্ঘ এঘাৰ বছৰৰ পাছত এই গৱেষণা গ্ৰন্থখন নামেৰে গ্ৰন্থাকাৰে প্ৰকাশ হৈছিল। ইয়াৰ কেইবছৰ মানৰ পাছত ১৯৫১ চনত ভূঞাই বুৰঞ্জীমূলক অমূল্য গ্ৰন্থৰাজি সংগ্ৰহ, সম্পাদনা কৰাৰ বাবে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ‘ডি-লিট’ উপাধি লাভ কৰিবলৈ সমৰ্থ হয়। সংসাৰ সূৰ্য্যকুমাৰ ভূঞাই শিক্ষা গ্ৰহণৰ মাজতে ১৯১৭ খ্ৰীষ্টাব্দত ১৪ ফেব্ৰুৱাৰীত বিয়া কৰায়। লখিমপুৰ জিলাৰ গড়েহগা গাঁৱৰ বিনন্দ চন্দ্ৰ ভূঞাৰ তৃতীয় কন্যা লক্ষেশ্বৰী ভূঞাৰ লগত বিবাহ সম্পন্ন হৈছিল। বিয়াৰ পিছদিনা ভূঞাই তেওঁৰ পত্নীক এখন কবিতাৰ পুথি হাতত তুলি দি কৈছিল,- “লোৱা এয়ে তোমাৰ সম্পত্তি।" তেতিয়া তেওঁৰ পৰিবাৰে কিতাপখন শিৰত তুলি লৈ ক'লে- “এয়ে মোৰ জীৱনৰ প্ৰথম নিৰ্মালি।” তেওঁৰ পৰিবাৰৰ উক্তিৰ পৰাই কবিতাপুথিখনৰ নাম 'নিৰ্মালি' হয়। ভূঞাৰ পুত্ৰ-কন্যাৰ সংখ্যা হ’ল ৬জন। তেওঁলোক হ’ল- পাৰ্বতী কুমাৰ ভূঞা, ভৱানী কুমাৰ ভূঞা, বিজয় কুমাৰ ভূঞা আৰু কন্যা সন্তান ক্ৰমে-শুৱলা ভূঞা, শীতলা ভূঞা আৰু কমলী ভূঞা। কৰ্ম জীৱন সূৰ্যকুমাৰ ভূঞাই ১৯১৬ চনৰ শেষলৈকে বেজবৰুৱা হাইস্কুলত ইংৰাজী বিষয়ৰ শিক্ষক হিচাপে কেইমাহমান আৰু ১৯১৭ চনৰ ফেব্ৰুৱাৰীৰ পৰা ১৯১৮ চনৰ মাৰ্চ মাহলৈকে যোৰহাট বেপ্টিষ্ট মিছন হাইস্কুলত কাম কৰিছিল। পৰৱৰ্তী সময়ত ১৯১৮ চনৰ ৪ জুলাইত কটন কলেজৰ ইংৰাজী বিষয়ৰ অধ্যাপক হিচাপে তেখেতে যোগদান কৰে। সূৰ্যকুমাৰ ভূঞা আছিল কটন কলেজৰ প্ৰথম অসমীয়া অধ্যাপক। প্ৰায় ৩০ বছৰ কাল তেখেতে কটন কলেজত অধ্যাপনা কৰিছিল। অসমত ১৯১২ চনত কামৰূপ অনুসন্ধান সমিতিৰ জন্ম হৈছিল আৰু ভূঞা সেই বছৰতে সমিতিখনৰ সদস্য হৈছিল। ১৯২২ চনত প্ৰথম আৰু ১৯২৬ চনত দ্বিতীয়বাৰৰ বাবে তেখেত এই সমিতিৰ সম্পাদক ৰূপে নিয়োজিত হৈছিল। ১৯২৪ চনৰপৰা ১৯২৭ চনলৈকে তেখেত গুৱাহাটী পৌৰ সভাৰ চৰকাৰী মনোনীত সদস্য আছিল। ১৯২৮, ২৯ চনত তেখেতে কটন কলেজৰ আলোচনীৰ সম্পাদনাৰ দায়িত্বও গ্ৰহণ কৰিছিল। সেইদৰে তেখেত কটন কলেজৰ ছাত্ৰাৱাস ‘কস্মোপলিটান’ৰ অধ্যক্ষ আছিল। তেখেতে নিষ্ঠা আৰু একাগ্ৰতাৰে অধ্যয়ন আৰু অধ্যাপনা কৰাৰ উপৰি বিবিধ ৰাজহুৱা কামত আত্মনিয়োগ কৰিছিল। ১৯২৬ খ্ৰীষ্টাব্দত ধুবুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ দ্বিতীয় অধিৱেশনৰ বুৰঞ্জী শাখাত সূৰ্য্যকুমাৰ ভূঞাই সভাপতিত্ব কৰিছিল। ১৯২৮ খ্ৰীষ্টাব্দৰ ২৫ জুনত গুৱাহাটীত বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ স্থাপন কৰা হয়। বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ সূৰ্য্যকুমাৰ ভূঞাৰ সাহিত্য সাধনাৰ কীৰ্তিস্তম্ভ। সূৰ্য্যকুমাৰ ভূঞা বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ উপ-সঞ্চালক পদতো আছিল। ১৯২৮ খ্ৰীষ্টাব্দৰ পৰা ১৯৫৭ খ্ৰীষ্টাব্দলৈকে তেওঁ এই বিভাগৰ লগত জড়িত আছিল। ভূঞাৰ যত্নতে বিভাগৰ প্ৰত্যেকটো মৌলিক দিশ সংগ্ৰহ, সংৰক্ষণ, গৱেষণা আৰু প্ৰকাশনৰ কাম আগবাঢ়িছিল। এই বিভাগৰ বহুতো মূল্যৱান দুষ্প্ৰাপ্য পুথি-পাজি এই কালছোৱাৰ ভিতৰত সংগৃহীত হৈ বিভাগৰ মূল বুনিয়াদৰ সৃষ্টি হৈছিল, লগতে প্ৰকাশন আৰু গৱেষণা এই দুটা দিশতো বিভাগটোৱে গা কৰি উঠিছিল। উল্লেখযোগ্য যে ভূঞাৰ প্ৰচেষ্টা আৰু ঐকান্তিকতাৰ ফলতেই গুৱাহাটীত বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ স্থাপন হৈছিল। ব্ৰিটিছ চৰকাৰৰ দিনতে প্ৰতিষ্ঠা লাভ কৰা এই অনুষ্ঠানটোৰ সমুদায় কৃতিত্ব সূৰ্য্যকুমাৰ ভূঞাৰ। ভাৰতীয় ৰেকৰ্ড কমিচনৰ সদস্য হৈ ১৯২৯ খ্ৰীষ্টাব্দত গোৱালিয়ৰত অনুষ্ঠিত ৰেকৰ্ড কমিচনৰ দ্বাদশ অধিবেশনত তেখেতে যোগদান কৰিছিল। ১৯৩৫ খ্ৰীষ্টাব্দত জন্মলাভ কৰা ভাৰতীয় বুৰঞ্জী কংগ্ৰেছৰ লগতো ভূঞা জন্মলগ্নৰে পৰা জড়িত। ১৯৩৫ খ্ৰীষ্টাব্দত পুনাত অনুষ্ঠিত ভাৰতীয় বুৰঞ্জী কংগ্ৰেছৰ প্ৰথম অধিবেশনত যোগদান কৰিছিল। ১৯৪১ খ্ৰীষ্টাব্দত অসম উপত্যকাৰ স্কুল পৰিদৰ্শক হিচাপে সূৰ্য্যকুমাৰ ভূঞাই নিযুক্তি লাভ কৰিছিল। পৰিদৰ্শক হিচাপে ভূঞাৰ কাৰ্যকাল দুমাহ একৈশ দিন যদিও এই কালছোৱাত তেওঁ পৰিদৰ্শন কৰা স্কুলৰ সংখ্যা ৪০ খন। ১৯৪৮ চনৰপৰা ভূঞা অসমৰ শিক্ষাধিকাৰ হিচাপে নিযুক্ত হয়। সূৰ্য্যকুমাৰ ভূঞা কটন কলেজৰ প্ৰথম অসমীয়া অধ্যক্ষ। অৱশ্যে অধ্যক্ষ স্বৰূপে তেওঁৰ নিযুক্তি অস্থায়ী আছিল। অধ্যক্ষ ‘আৰ. আৰ. থমাচ’ৰ অনুপস্থিতিত ভূঞাই ১৯৪৬ খ্ৰীষ্টাব্দৰ ২২ জুলাইৰ পৰা ১৬ আগষ্টলৈ মাত্ৰ ২৬ দিনৰ বাবে অধ্যক্ষৰ কাৰ্য্যৰ্ভাৰ গ্ৰহণ কৰিছিল। ১৯৪৭ খ্ৰীষ্টাব্দৰ ডিচেম্বৰ মাহত দ্বিতীয়বাৰ ভুঞা স্থায়ীভাৱে অধ্যক্ষ নিযুক্ত হৈছিল। কিন্তু বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ স্থায়ী সঞ্চালক স্বৰূপে কাৰ্যনিবাহ কৰাৰ বাবে তেওঁ কটন কলেজৰ অধ্যক্ষৰ পদ গ্ৰহণ নকৰিলে। অধ্যক্ষ স্বৰূপে ভূঞাৰ কাৰ্যকাল অস্থায়ী আৰু চমু যদিও ভালেকেইটা উল্লেখযোগ্য কাম এই কালছোৱাত সম্পন্ন হয়। ভূঞাই শিক্ষক আৰু ছাত্ৰৰ মাজত ব্যক্তিগত সম্বন্ধ স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। সেই সময়ত কটন কলেজত আই.এছ.চি. আৰু বি.এছ.চি. ৰ আসন সীমিত আছিল। অধ্যক্ষ ভূঞাই আসন বঢ়াবৰ বাবে চৰকাৰক টানি অনুৰোধ জনাইছিল। অসমৰ সেইসময়ৰ প্ৰধানমন্ত্ৰী (বৰ্তমান মুখ্যমন্ত্ৰী) গোপীনাথ বৰদলৈয়ে সকলো দিশ আলোচনা কৰি আই.এছ.চি. ৰ আসন ১৪৪ৰ ঠাইত ২১৪ আৰু বি.এছ.চি.ৰ আসন ৩৬ৰ ঠাইত ৪১ লৈ বৃদ্ধি কৰিলে। ভূঞাই কলেজৰ আন আন অভাৱ অভিযোগ সমূহৰ প্ৰতি প্ৰধানমন্ত্ৰী বৰদলৈৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ভূঞাই কটন কলেজৰ পুথিভঁৰালৰ বাবে আঢ়ৈলাখ টকাৰ এখন নতুন আঁচনি প্ৰস্তুত কৰিছিল। ১৯৪৭ খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহত অসম চৰকাৰে সূৰ্য্যকুমাৰ ভূঞাক “বিশ্ববিদ্যালয়ৰ বিশেষ বিষয়া” হিচাপে নিয়োগ কৰিছিল। শিক্ষা বিভাগৰ বিশেষ বিষয়া স্বৰূপে তেওঁৰ প্ৰধান কাম হ'ল আগন্তুক পৰীক্ষা সম্বন্ধে কলিকতা বিশ্ববিদ্যালয়ৰ সৈতে যোগাযোগ কৰা। সূৰ্য্যকুমাৰ ভূঞাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী বিশেষ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল। ভূঞাই বিভিন্ন স্থান আৰু সময়ত বিভিন্ন চাকৰি কৰি ১৯৪৯ চনত অসমৰ শিক্ষাধিকৰৰূপে অৱসৰ গ্ৰহণ কৰে। ১৯৪৬ চন পৰ্যন্ত সূৰ্যকুমাৰ ভূঞা কটন কলেজৰ অধ্যক্ষ হিচাপে কৰ্মৰত আছিল। কটন কলেজৰ অধ্যক্ষৰ পদত কাৰ্যনিৰ্বাহ কৰা তেওঁৱেই আছিল প্ৰথম অসমীয়া। আজীৱন বুৰঞ্জী চৰ্চা কৰা ভূঞাই ১৯৫২ চনত গোৱালিয়ৰত অনুষ্ঠিত ভাৰতীয় বুৰঞ্জী কংগ্ৰেছৰ আধুনিক বুৰঞ্জী শাখাৰ সভাপতিৰ আসনত উপবিষ্ট হৈছিল। ১৯৫২ চনতে তেখেত ৰাজ্যসভালৈ নিৰ্বাচিত হয়। কাৰ্যকাল আছিল ১৫৫২ চনৰ ১৩ মে’ৰ পৰা ১৯৫৪ চনৰ ১ এপ্ৰিললৈকে। তেখেত ১৯৫৩ চনৰ ৮ নৱেম্বৰত অসম সাহিত্য সভাৰ শ্বিলং অধিবেশনত সভাপতি হয়। ১৯৫৩ চনত ভাৰতৰ স্বাধীনতা আন্দোলনৰ বুৰঞ্জী প্ৰণয়ন আঞ্চলিক সমিতিৰ সদস্য হিচাপেও তেখেত নিযুক্ত হয়। সেইদৰে তেখেত ১৯৫৫ চনত ভাৰতীয় হিষ্টৰিকেল ৰেকৰ্ড কমিচনৰ আঞ্চলিক অনুসন্ধান সমিতিৰ সভাপতি নিৰ্বাচিত হৈছিল। ভাৰতীয় সংবিধানখন অসমীয়ালৈ অনুবাদ কৰা কমিটিখনৰো সভাপতি আছিল ভূঞা। তেখেত ১৯৫৭ চনৰপৰা ১৯৬০ চনৰ ২২ ফেব্ৰুৱাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদত অধিষ্ঠিত আছিল। তেওঁৰ কাৰ্যকালতে গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটীৰপৰা জালুকবাৰীলৈ স্থানান্তৰ কৰা হয়। ভূঞাদেৱে ১৯৩৬ চনত ব্ৰিটিছ চৰকাৰৰপৰা ৰায়বাহাদুৰৰ খিতাপ লাভ কৰিছিল। অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ অন্যতম প্ৰতিষ্ঠাতা ভূঞাদেৱে ১৯৫৬ চনত ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মানেৰে সন্মানিত হয়। মৃত্যু ১৯৬৪ চনৰ ৫ জুলাই তাৰিখে ছাত্ৰীবাৰীস্থিত আমেৰিকান বেপ্টিষ্ট মিছন হস্পিতালত ৭০ বছৰ বয়সত ড° সূৰ্য কুমাৰ ভূঞাৰ দেহাৱসান ঘটে। তেওঁ ইহসংসাৰত পত্নী লক্ষেশ্বৰী ভূঞা, তেওঁৰ ৩জন পুত্ৰ আৰু তিনিগৰাকী কন্যাৰ লগতে কেইবাজনো নাতি-নাতিনীক ইহসংসাৰত এৰি থৈ যায়। সাহিত্য কৰ্ম তেখেতে উচ্চমাধ্যমিক বিদ্যালয়ত পঢ়ি থকা কালৰে পৰা সাহিত্য চৰ্চা আৰম্ভ কৰিছিল। ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হওঁতে ভূঞাই টেনিছনৰ লকছলি হিলৰ আধাৰত কিছুসংখ্যক পংক্তি ৰচনা কৰিছিল। "য়ে চন্স অফ ইংলেণ্ড" শীৰ্ষক এই পংক্তিসমূহ চেঞ্চুৰী ৰিভিউত প্ৰকাশ পাইছিল আৰু ই বহুলভাৱে প্ৰশংসিত হৈছিল। কলিকতাত ভূঞাই অধ্যাপক হোৱাৰ সপোনক লালন-পালন কৰাৰ সুযোগ আৰু আনন্দৰাম বৰুৱাৰ জীৱনী সংকলনৰ সুবিধা লাভ কৰিছিল। পঢ়ি থকা কালতে তেওঁ আহোমৰ দিন গ্ৰন্থখন ৰচনা কৰিছিল আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ ঊষাত তেওঁৰ কিছুসংখ্যক কবিতা আৰু অন্যান্য লেখা প্ৰকাশ পাইছিল। তেওঁ ১৯১৮ চনত নিৰ্মালি নামৰ কাব্য সংকলন প্ৰকাশ কৰে। তাৰ পিছত ১৯২০ চনত বৈষ্ণৱ কাব্যৰ আৰ্হিত ঐতিহাসিক আখ্যান জয়মতী উপাখ্যান প্ৰকাশ কৰে। তেওঁৰ সাহিত্যকৰ্ম কিছুমান তলত উল্লেখ কৰা হ’ল: কবিতা সংকলন সু আৰু কু নিৰ্মালি, (১৯১৮) প্ৰবন্ধ সংকলন আহোমৰ দিন, (১৯১৮) বৰফুকনৰ গীত, (১৯২৪) তুংখুঙ্গীয়া ফৈদৰ কনাংক পুৰণি অসম বুৰঞ্জী অহোম ৰজাৰ মৈদাম অসমীয়া চনেট কবিতা সাহিত্যৰ মূল কথা অনিৰুদ্ধৰ প্ৰতি উষা সপ্তম এডৱাৰ্ডৰ স্বৰ্গাৰোহণ গল্প সংকলন পঞ্চমী (১৯২৭) ভ্ৰমণ কাহিনী ইউৰোপ যাত্ৰা জীৱনী সংকলন গোপাল কৃষ্ণ গোখেল, (১৯১৬) আনন্দৰাম বৰুৱা, (১৯২০) ৰবীন্দ্ৰনাথ ঠাকুৰ, (১৯২০) জোনাকী, (১৯২৮) চানেকি, (১৯২৮) অসম জীয়ৰী, (১৯৩৫) হৰিহৰ আতা, (১৯৬০) স্বৰ্গদেউ গদাধৰ সিংহ, হাজী মহম্মদ মহসীন, আনন্দৰাম ঢেকীয়াল ফুকন, জগন্নাথ বৰুৱা, মাণিকচন্দ্ৰ বৰুৱা, হৰিনাথ দে, দ্বিজেন্দ্ৰলাল ৰয়, গুৰুদাস বন্দোপাধ্যায়, হেমচন্দ্ৰ গোস্বামী, মোমাই তামোলী বৰবৰুৱা, চাৰ এডৱাৰ্ড গেইট, গ্ৰন্থ সংকলন/সম্পাদনা জয়মতী উপাখ্যান, (১৯২০) অসম বুৰঞ্জীৰ কথা,(১৯৩৯) কোঁৱৰ বিদ্ৰোহ (১৯৪৮), বুৰঞ্জীৰ বাণী (১৯৫১), ৰমণী গাভৰু (১৯৫১), বুৰঞ্জীমূলক প্ৰবন্ধাৱলীৰ তালিকা (১৯৫৫), মীৰজুমলাৰ অসম আক্ৰমণ (১৯৫৬), ত্ৰিপদী, (১৯৫৯) ৰাজেশ্বৰ সিংহ, (১৯৭৪) শৰাইঘাটৰ সুবচনী, (১৯৬৩) কছাৰী বুৰঞ্জী, (১৯৩৬) পাদশ্যাহ বুৰঞ্জী, (১৯৩৬) জয়ন্তীয়া বুৰঞ্জী, (১৯৩৭) সাতসৰী অসম বুৰঞ্জী, (১৯৬০) ত্ৰিপুৰা বুৰঞ্জী,(১৯৩৮) অসমৰ পদ্য বুৰঞ্জী,(১৯৩৩) দেওধাই অসম বুৰঞ্জী, (১৯৩২) শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ তুংখুঙ্গীয়া বুৰঞ্জী, (১৯৩২) কামৰূপৰ বুৰঞ্জী, (১৯৩০) হৰকান্ত সদৰামিনৰ অসম বুৰঞ্জী, (১৯৩০) সুকুমাৰ মহন্তৰ ঘৰত পোৱা ‘অসম বুৰঞ্জী’, (১৯৪৫) ৰাজেশ্বৰ সিংহ, বঞ্চিত, অন্তিম, জননী, বঙলা চনেট, বঙালী ভাষায় আসামেৰ ইতিহাস (বঙালী) অবসানে আহোম ৰাজত্ব, কাব্যৰসিক বৈজ্ঞানিকেৰে আত্মচৰিত। য়ুৰোপত অসমৰ জ্যোতিষ সূত্ৰ ইংৰাজী গ্ৰন্থ (1926) (1928) (1933) (1928) (1936) (1940) (1931) (1947) (1947) -171-1826, (1937) (1953), (1937), (1951) (1954) (1955) (1962) তথ্য সংগ্ৰহ অসমৰ ব্যক্তি মৃত ব্যক্তি অসমীয়া প্ৰবন্ধকাৰ অসমীয়া গল্পকাৰ অসমীয়া কবি অসমীয়া বুৰঞ্জীবিদ অসমীয়া শিক্ষাবিদ অসম সাহিত্য সভাৰ সভাপতি ৰাজ্যসভাৰ সাংসদ পদ্মশ্ৰী বঁটা
53196
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%AA%E0%A6%BF%E0%A6%B2%E0%A6%BE%20%E0%A6%AC%E0%A6%BE%E0%A7%8E%E0%A6%B8%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A8
কপিলা বাৎসায়ন
কপিলা বাৎসায়ন জন্ম ১৯২৮ চনৰ ২৫ ডিচেম্বৰত। পিতাক ৰামলাল মালিক আৰু মাক সত্যৱতী মালিক। কলা সাহিত্যৰ সংগ্ৰামী সাধক কপিলা বাৎসায়ন একেৰাহে নৃত্য শিল্পী, অধ্যাপিকা আৰু সাহিত্যিক। ১৯৮২ চনত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। ২০২০ চনৰ ১৬ ছেপ্টেম্বৰ তাৰিখে তেওঁৰ মৃত্যু হয়। শৈশৱ আৰু শিক্ষা সমাজসেৱী, শিল্পী আৰু বিদ্বান পৰিয়ালত জন্ম লাভ কৰা কপিলা বাৎসায়নে সৰুৰে পৰা কাশ্মিৰী চুফী কবিসকল, বৌদ্ধ ধৰ্মপ্ৰচাৰক ভদন্ত আনন্দ কৌশলায়ন, লোকগীতৰ গৱেষক দেবেন্দ্ৰ সত্যাৰ্থী, সাহিত্যিক চন্দ্ৰগুপ্ত বিদ্যালঙ্কাৰ আদি ব্যক্তিসকলৰ সংস্পৰ্শ লাভ কৰিছিল। শৈশৱত তেওঁ মাকৰ পৰা ঘোঁৰা দৌৰোৱা, সাঁতোৰ, চিলাই কৰা, নাও খেলা, কাৰু-চাৰু কলা, সংগীত, নৃত্য আদি বিভিন্ন ক্ষেত্ৰত অনুপ্ৰেৰণা লাভ কৰিছিল। শৈশৱত তেওঁ নৃত্যশিক্ষাৰ পাতনি মেলি মাত্ৰ ষোল্ল বছৰ বয়সতে হিন্দুস্থানী সংগীত আৰু নৃত্য বিদ্যালয় এখনৰ উপাধ্যক্ষ হয়। তেওঁ ভাৰতনাট্যম আৰু ওদিছি নৃত্যৰো প্ৰশিক্ষণ লৈছিল। ১৯৪২ চনত তেওঁ দিল্লীৰ ইন্দ্ৰপ্ৰস্থ বিদ্যালয়ৰ পৰা প্ৰৱেশিকা, ১৯৪৬ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বি.এ. আৰু ১৯৪৮ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম.এ. পাছ কৰে। ১৯৮২ চনত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। ১৯৮২ চনত সন্মানসূচক ভাবে বেনাৰস হিন্দু বিশ্ববিদ্যালয়, ১৯৮৫ চনত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়, ১৯৮৬ চনত আমেৰিকা মাউন্ট হলিওক মহাবিদ্যালয় আৰু ১৯৮৭ চনত মণিপুৰ বিশ্ববিদ্যালয়ৰ পৰা ডি লিট উপাধি লাভ কৰে। কৰ্ম জীৱন কৰ্মময় জীৱনত বাৎসায়ন, ১৯৪৯-৫৪ চনলৈ দিল্লী বিশ্ববিদ্যালয়ত ইংৰাজী বিষয়ৰ অধ্যাপিকা নিযুক্ত হয়। তাৰ পিছত তেওঁ ১৯৫৪-৬২ চনলৈ দিল্লী সাংস্কৃতিক বিভাগৰ সহকাৰী শিক্ষা উপদেষ্টা, ১৯৬২-৬৪ চনলৈ ২৬ তম আন্তঃৰাষ্ট্ৰীয় প্ৰাচ্যতত্ববিদ কংগ্ৰেছৰ যুটীয়া সম্পাদিকা, ১৯৬৪-৭৪ চনলৈ দিল্লীৰ সাংস্কৃতিক বিভাগৰ উপ শিক্ষা উপদেষ্টা, ১৯৭৫-৮২ চনলৈ নতুন দিল্লী শিক্ষা মন্ত্ৰালয়ৰ, সাংস্কৃতিক বিভাগৰ যুটীয়া শিক্ষা উপদেষ্টা, আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক সম্পৰ্ক বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া, ১৯৭৯-৮০ চনলৈ য়ুনিভাৰ্ছিটি অৱ কলম্বিয়াৰ ভ্ৰমণৰত অধ্যাপিকা, ১৯৮১ চনত আমেৰিকাৰ য়ুনিভাৰ্ছিটি অৱ ফিলাডেলফিয়াৰ কলা ইতিহাস বিভাগৰ ভ্ৰমণৰত অধ্যাপিকা, ১৯৮২-৮৫ চনলৈ নতুন দিল্লী শিক্ষা আৰু সংস্কৃতি মন্ত্ৰালয়ৰ সংস্কৃতি বিভাগৰ অতিৰিক্ত সচিব, ১৯৮৫ চনত নতুন দিল্লী মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ কলা বিভাগৰ সচিব আৰু নতুন দিল্লী, ইন্দিৰা গান্ধী চেণ্টাৰ ফৰ দি আৰ্টচ ট্ৰাষ্টৰ সদস্য সচিব ৰূপে কাৰ্যনিৰ্বাহ কৰে। বঁটা আৰু সন্মান কপিলা বাৎসায়নে ১৯৬৯ চনত ভাবা মেমোৰিয়েল ফেলোশ্বিপ, ১৯৭০ চনত নতুন দিল্লী সংগীত নাটক অকাডেমি ফেলো, ১৯৭৫ চনত জৱাহৰলাল নেহেৰু ফেলোশ্বিপ, ১৯৭৮ চনত মণিপুৰ অকাডেমি অফ ডান্স ড্ৰামা এণ্ড আৰ্টছ ফেলো, ১৯৭৮ চনত নতুন দিল্লী, সংগীত নাটক অকাডেমিৰ উপাধ্যক্ষ, ১৯৮০চনত বোম্বেৰ এচিয়েটিক ছ'চাইটিৰ দ্বাৰা কেম্পবেল মেমোৰিয়েল সোণৰ পদক, ১৯৮১চনত শাৰংগ দেৱ বঁটা, ১৯৮২ চনত কলিকতাৰ এছিয়াটিক ছ'চাইটিৰ দ্বাৰা আৰ পি চন্দ শতবাৰ্ষিকী পদকৰ লগতে ১৯৮২ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। ইয়াৰোপৰি ১৯৮২ চনত সন্মানসূচক ভাবে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা, ১৯৮৫ চনত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়, ১৯৮৬ চনত আমেৰিকা মাউন্ট হলিওক মহাবিদ্যালয় আৰু ১৯৮৭ চনত মণিপুৰ বিশ্ববিদ্যালয়ৰ পৰা ডি লিট উপাধি লাভ কৰে। ১৯৮৫ চনত তেওঁ মণিপুৰ সাহিত্য অকাডেমি ফেলো লাভ কৰিছিল। ১৯৯০ চনৰ বাবে অসম চৰকাৰে তেওঁক শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়ায়। ১৯৯৮ চনত তেওঁক নৃত্য আৰু কলাৰ ইতিহাস বিষয়ত কৰা গৱেষণাৰ বাবে সন্মান প্ৰদান কৰে। ২০০০ চনত ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় সদ্ভাৱনা বঁটা প্ৰদান কৰাৰ লগতে, ২০১১ চনত তেওঁক ভাৰত চৰকাৰৰ সন্মানীয় পদ্মবিভূষণ বঁটা প্ৰদান কৰা হয়। ৰচনাৱলী তেওঁৰ উল্লেখযোগ্য ৰচনৱলী সমূহ হ'ল: কথাকলি (১৯৬৭) ক্লাছিকেল ইণ্ডিয়ান ডান্স ইন লিটাৰেচাৰ এণ্ড দি আৰ্টচ (১৯৬৮) দি থিওৰিটিকেল বেছিছ অফ এছিয়ান এছথেটিক ট্ৰেডিচনচ (১৯৬৮) চাম এছপেক্টচ অফ কালচাৰেল পলিচিজ ইন ইণ্ডিয়া (১৯৭১) ইণ্ডিয়ান ক্লাছিকেল ডান্স (১৯৭২) ট্ৰেডিচনচ অফ ইণ্ডিয়ান ফ'ক ডান্স (১৯৭৫) ইণ্ডিয়ান থিয়েটাৰ (১৯৮১) গীত-গোবিন্দ (১৯৮২) পেইণ্টিং এণ্ড ডান্স (১৯৮২) আছাম গীত-গোবিন্দ (মহেশ্বৰ নেওগৰ সৈতে, ১৯৮৫), মেৱাৰীৰ গীত-গোবিন্দ (১৯৮৭) উৰিষ্যাৰ গীত-গোবিন্দ আদি। তথ্যসূত্ৰ ভাৰতৰ ব্যক্তি মৃত ব্যক্তি ভাৰতীয় সাহিত্যিক ভাৰতীয় নৃত্যশিল্পী ভাৰতীয় শিক্ষাবিদ পদ্মবিভূষণ বঁটা বিজয়ী ভাৰতীয় ৰাজনীতিবিদ শ্ৰীমন্ত শংকৰদেৱ বঁটা
73192
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%A6%E0%A6%BF%E0%A6%A4%E0%A6%BF%20%E0%A6%85%E0%A6%B6%E0%A7%8B%E0%A6%95
অদিতি অশোক
অদিতি অশোক জন্ম: ২৯ মাৰ্চ ১৯৯৮) এগৰাকী ভাৰতীয় পেছাদাৰী গল্ফ খেলুৱৈ আৰু অলিম্পিয়ান। তেওঁ বৰ্তমান নাৰী ইউৰোপীয়ান টুৰ আৰু এলপিজিএ টুৰত খেলে। তেওঁ ২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত পোনপ্ৰথমে খেলাৰ সুযোগ লাভ কৰি অলিম্পিকত আত্মপ্ৰকাশ কৰিছিল। তেওঁ ২০২১ চনত টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে আৰু গল্ফ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰি চতুৰ্থ স্থান লাভ কৰে। ব্যক্তিগত জীৱন ১৯৯৮ চনৰ ২৯ মাৰ্চ মাহত ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ ৰাজধানী বেংগালুৰু চহৰত অদিতি অশোকৰ জন্ম হৈছিল। তেওঁ বাংগালোৰৰ ফ্ৰেংক এন্থনী পাব্লিক স্কুলত অধ্যয়ন কৰিছিল আৰু ২০১৬ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল। মাত্ৰ ৫ বছৰ বয়সত গল্ফ তেওঁ খেলিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত বেংগালুৰুত মাত্ৰ তিনিটা গল্ফ কোৰ্চ আছিল। তেওঁ এই খেলৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাৰ পিছত দেউতাকে তেওঁক কৰ্ণাটক গল্ফ এছ'চিয়েচন ড্ৰাইভিং ৰেঞ্জলৈ লৈ গৈছিল। তাইৰ দেউতাক ২০১৬ চনৰ ৰিঅ' অলিম্পিকত তেওঁৰ কেডি আছিল। আনহাতে তেওঁৰ মাক অশোক মেশ্ব ২০২১ ছবিত অনুষ্ঠিত হোৱা টকিঅ' অলিম্পিক ২০২০ৰ বাবে তেওঁৰ কেডি। খেলুৱৈ জীৱন অদিতিয়ে লাল্লা আইচা টুৰ স্কুল জয় কৰা আটাইতকৈ কনিষ্ঠ আৰু প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছিল আৰু ২০১৬ চনৰ বাবে তেওঁৰ লেডিজ ইউৰোপিয়ান টুৰ কাৰ্ড সুৰক্ষিত কৰিছিল। এই জয়ে তেওঁক আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে কিউ স্কুলৰ আটাইতকৈ কম বয়সীয়া বিজয়ী হিচাপে জনাজাত হৈছিল। অদিতিয়ে ২০১৬ চনৰ হিৰো মহিলা ইণ্ডিয়ান অপেনত ৩-আণ্ডাৰ-পাৰ ২১৩ স্ক'ৰৰ সৈতে বিজয়ী হৈছিল। ইয়াৰ জৰিয়তে তেওঁ ইউৰোপীয়ান টুৰ খিতাপ জয় কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছিল। সাধাৰণতে ক্ৰিকেটত মনোনিবেশ কৰা এখন দেশত তেওঁৰ জয়ে গল্ফ খেলৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিছিল। তেওঁৰ জয়ে দেশৰ সৰ্ববৃহৎ বাতৰি কাকত টাইমছ অৱ ইণ্ডিয়াৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামত স্থান লাভ কৰিছিল আৰু তেওঁক ৰাষ্ট্ৰীয় ভাৱে দূৰদৰ্শনত প্ৰদৰ্শন কৰা হয়। তেওঁ দুসপ্তাহ পিছত কাটাৰ লেডিজ অপেনত দ্বিতীয়টো জয় লাভ কৰে আৰু অৰ্ডাৰ অফ মেৰিটত ছিজনটো দ্বিতীয় স্থানত শেষ কৰে। ২০১৬ চনত তেওঁ ৰুকী অফ দা ইয়েৰ বঁটা লাভ কৰিছিল। তেওঁ এলপিজিএ ফাইনেল কোৱালিফাইং টুৰ্ণামেণ্টৰ জৰিয়তে ২০১৭ চনৰ বাবে এলপিজিএ টুৰ কাৰ্ডও লাভ কৰিছিল। ২০১৭ চনত অদিতি ভাৰতৰ পৰা প্ৰথম এলপিজিএ প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰা প্ৰথম গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয় আৰু লুইছ চুগছ ৰোলেক্স ৰুকী অফ দা ইয়েৰ ষ্টেণ্ডিংত অষ্টম স্থান লাভ কৰে। ২০১৮ চনত তেওঁ ২৪টা ইভেণ্টত ১৭টা কাট কৰিছিল আৰু দুই ইভেণ্টত শীৰ্ষ-১০ ৰ ভিতৰত থাকি সমাপ্ত কৰিছিল। তেওঁ আমেৰিকা এলপিজিএ টেক্সাছ ক্লাছিকৰ স্বেচ্ছাসেৱক (পূৰ্বতে আমেৰিকা এলপিজিএ নৰ্থ ডালাছ ক্লাছিকৰ স্বেচ্ছাসেৱক) কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ টি৬ ফলাফল ৰেকৰ্ড কৰিছিল আৰু ৱালমাৰ্ট এনডব্লিউ আৰ্কানচাছ চেম্পিয়নশ্বিপত তেওঁৰ কেৰিয়াৰৰ নিম্ন নম্বৰ ৬৪ত উপনীত হৈছিল। তেওঁ এলপিজিএ-ত দ্বিতীয় সৰ্বনিম্ন গড়ৰ সৈতে বছৰটো সমাপ্ত কৰিছিল। ২০১৯ চনত অদিতিয়ে ২২টা এলপিজিএ টুৰ ইভেণ্টৰ ভিতৰত ১৩টা কাট কৰিছিল। একেবছৰে তেওঁ চিপি মহিলা অপেনত টি১৩-ৰ সৰ্বশ্ৰেষ্ঠ ছিজন সমাপ্ত কৰিছিল। তেওঁ লেডিজ ইউৰোপীয় ভ্ৰমণত একাদিক্ৰমে দুবাৰকৈ দ্বিতীয় স্থান লাভ কৰি বছৰ সমাপ্ত কৰিছিল। ২০২০ চনত ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটা প্ৰদান কৰে। অপেছাদাৰী জয় ২০১১: ইউএছএইচএ কৰ্ণাটক জুনিয়ৰ, চাউদাৰ্ণ ইণ্ডিয়া জুনিয়ৰ, ফালডো চিৰিজ এছিয়া ভাৰত, ইষ্ট ইণ্ডিয়া টলি লেডিজ, অল ইণ্ডিয়া চেম্পিয়নশ্বিপ ২০১২: ইউএছএইচএ দিল্লী লেডিজ, ইউএছএইচএ আৰ্মি চেম্পিয়নশ্বিপ, অল ইণ্ডিয়া জুনিয়ৰ ২০১৩: এছিয়া পেচিফিক জুনিয়ৰ চেম্পিয়নশ্বিপ ২০১৪: ইষ্টাৰ্ণ ইণ্ডিয়া লেডিজ এমেচাৰ, ইউএছএইচএ আইজিইউ অল ইণ্ডিয়া লেডিজ এণ্ড গাৰ্লছ চেম্পিয়নশ্বিপ ২০১৫: আৰ্মি লেডিজ এণ্ড জুনিয়ৰ চেম্পিয়নশ্বিপ, ছেইণ্ট ৰুল ট্ৰফী, চাউদাৰ্ণ ইণ্ডিয়া লেডিজ এণ্ড জুনিয়ৰ গাৰ্লছ চেম্পিয়নশ্বিপ, লেডিজ ব্ৰিটিছ অপেন এমেচাৰ ষ্ট্ৰোক প্লে চেম্পিয়নশ্বিপ, থাইলেণ্ড এমেচাৰ অপেন পেছাদাৰী জয় (৫) লেডিজ ইউৰোপিয়ান টুৰ জয় (৩) ২০১৬ হিৰো মহিলা ইণ্ডিয়ান অপেন, কাটাৰ লেডিজ অপেন ২০১৭ ফাতিমা বিণ্ট মুবাৰক লেডিজ অপেন অন্যান্য জয় ২০১১ হিৰো প্ৰফেচনেল টুৰ লীগ ১, হিৰো প্ৰফেচনেল টুৰ লীগ ৩ (অপেছাদাৰী হিচাপে) দল এস্পিৰিটো চেণ্টো ট্ৰফী (ভাৰতক প্ৰতিনিধিত্ব কৰা): ২০১২, ২০১৪ টকিঅ' অলিম্পিক ২০২০ অদিতিয়ে টকিঅ' অলিম্পিক ২০২০ৰ বাবে নিৰ্বাচিত হৈ উক্ত অলিম্পিকৰ একক শাখাত তেঁওৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই তৃতীয় ৰাউণ্ডৰ অন্তত দ্বিতীয় স্থানত থাকিবলৈ সক্ষম হয়। অৱশ্যে অন্তিম খেলখনত তেওঁ চতুৰ্থ স্থানত থাকি দুটা শ্বটৰ ব্যৱধানত মেডেল লাভৰ পৰা বিৰত থাকিব লগা হয়। তথ্যউৎস ভাৰতৰ ব্যক্তি জীৱিত ব্যক্তি ভাৰতৰ গল্ফ খেলুৱৈ ভাৰতীয় অলিম্পিক প্ৰতিযোগী অৰ্জুন বঁটা
38467
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%AB%E0%A6%9C%E0%A7%8D%E0%A6%9C%E0%A7%8D%E0%A6%AC%E0%A6%B2%20%E0%A6%B9%E0%A7%81%E0%A6%9B%E0%A7%87%E0%A6%87%E0%A6%A8
মফজ্জ্বল হুছেইন
মফজ্জ্বল হুছেইন চমুকৈ এম হুছেইন (জ. ২৯ জানুৱাৰী, ১৯৪৪ মৃ. ৯ ছেপ্টেম্বৰ, ১৯৯৯) অসমৰ এগৰাকী জনপ্ৰিয় মঞ্চ যাদুকৰ আছিল। শৈশৱত বিষধৰ সাপ ধৰি ভাল পোৱা মফজ্জ্বল হুছেইনে কিশোৰ অৱস্থাত ঘৰৰপৰা আঁতৰি গৈ ডেৰাডুনত যাদুকৰ ধৰমৰাজ গৰ্গিয়াৰৰ ওচৰত যাদুৰ কলা আয়ত্ব কৰিছিল। ১৯৭২ চনৰপৰা মফজ্জ্বল হুছেইনে 'যাদু সম্ৰাট এম. হুছেইন' নামেৰে পেছাদাৰী যাদুকৰ হিচাপে আত্মপ্ৰকাশ কৰে। অসম আৰু ভাৰতৰ বিভিন্ন স্থানত পেছাদাৰী যাদু শ্বো প্ৰদৰ্শন কৰাৰ বাহিৰেও তেখেতে ১৯৭৫ ডুবাই, মাস্কট, নেপাল আৰু ভূটানত যাদু প্ৰদৰ্শন কৰিছিল। তেখেতৰ যাদু প্ৰদৰ্শনত যাদুসমূহ বিভিন্ন লৌকিক কাহিনী, খুহুটীয়া কাহিনী আদিৰ আলমত ৰচনা কৰা হৈছিল। কাহিনীৰ লগতে বিভিন্ন ৰাজনৈতিক আৰু সামাজিক বিষয়ৰ ওপৰতো তেখেতে যাদুৰ উপযোগী কাহিনী সৃষ্টি কৰি লৈছিল। কহিনুৰ থিয়েটাৰৰ নাটক কুশল কোঁৱৰ-ত ফাঁচীৰ দৃশ্যটোৰ পৰিকল্পনা আৰু পৰিদৰ্শন এম. হুছেইনৰ যাদুৰে কৰা হৈছিল। ১৯৭৩ চনত কলিকতাত অনুষ্ঠিত -ত এক প্ৰদৰ্শনীত এম হুছেইনে ২,২০০ ফুট দীঘল কাগজৰ ৰছী উলিয়াই নতুন অভিলেখ স্থাপন কৰিছিল। চমু জীৱনালেখ মফজ্জ্বল হুছেইনৰ জন্ম হৈছিল আমগুৰি গাঁৱৰ কণজান চাৰিআলিত, ১৯৪৪ চনৰ ২৯ জানুৱাৰী তাৰিখে। পিতৃৰ নাম অকণমান আলী আৰু মাতৃৰ নাম মাকন বেগম। তিনিপুত্ৰৰ ভিতৰত মাজু পুত্ৰ মফজ্জ্বুলৰ শৈশৱ অতিবাহিত হৈছিল তেতিয়াৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ডিগবৈৰ গোলাই-ৰ গলিত। সৰু কালৰেপৰাই মফজ্জ্বলে অসাধাৰণ কাম কৰি ভাল পাইছিল। স্কুলত পঢ়ি থকাৰ কালতে তেখেতে সাপ ধৰিবলৈ আৰম্ভ কৰিছিল। কিশোৰ অৱস্থাতে মফজ্জ্বল ডিগবৈ চহৰলৈ যাদু প্ৰদৰ্শন কৰিবলৈ অহা ডেৰাডুনৰ যাদুকৰ ধৰমৰাজ গাৰ্গিয়াৰৰ সংস্পৰ্শলৈ আহে আৰু মেট্ৰিক পৰীক্ষাৰ পাছতেই মফজ্জ্বলে গাৰ্গিয়াৰৰ লগ লাগে আৰু ভাৰতৰ বিভিন্ন স্থানত যাদু প্ৰদৰ্শনৰ সময়ত গাৰ্গিয়াৰৰ সংগী হয়। যাদুবিদ্যাৰ প্ৰতি ৰাপ দেখুওৱাৰ বাবে পৰিয়ালটোৱে মফজ্জ্বলৰ নিচাক ভাল চকুৰে চোৱা নাছিল। সেয়ে, গাৰ্গিয়াৰ সংগৰপৰা উভতি অহাৰ পাছত ১৯৬০ চনত তেওঁ আকৌ ঘৰ এৰে আৰু কলিকতালৈ যায়। কলিকতাত তেওঁ বিভিন্ন যাদুকৰৰ লগত যাদু শিল্পৰ কলা-কৌশল শিকিবলৈ লয়। ডিগবৈ চহৰতে মফজ্জ্বল হুছেইনে প্ৰথমবাৰলৈ যাদু প্ৰদৰ্শন কৰে কালী পূজাৰ প্ৰথম সন্ধ্যাত। এই অনুষ্ঠানতে তেখেতে পোছাকী নাম এম হুছেইন ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। ১৯৭৩ চনত কলিকতাত অনুষ্ঠিত -ত তেখেতে ২,২০০ ফুট দীঘল কাগৰ ৰছী অবিৰতভাৱে নিৰ্গমণ কৰি এক অভিলেখৰ গৰাকী হয়। ইয়াৰ পাছতে তেওঁ অসমলৈ ঘূৰি আহে আৰু নিয়মীয়াকৈ যাদু প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে। যাদু শিল্পক মঞ্চত পৰিবেশিত কলা হিচাপে নিয়মীয়াকৈ প্ৰদৰ্শন কৰিবলৈ লয় এম হুছেইনে। অসমৰ লগতে ভাৰতৰ নানা ঠাইত আৰু কেইবাৰমান বিদেশতো তেখেতে যাদু প্ৰদৰ্শন কৰে। ভাৰতৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ কালত ৰাষ্ট্ৰপতি ভৱনৰ মঞ্চত তেখেতৰ অতিথিৰ বাবে এম হুছেইনে যাদু প্ৰদৰ্শন কৰিছিল। তেখেত ৰাষ্ট্ৰপতি ভি.ভি. গিৰি আৰু জ্ঞানী জেইল সিঙৰ সন্মুখতো যাদু প্ৰদৰ্শন কৰিছিল। ৬ ফুট ২ ইঞ্চি উচ্চতা আৰু ১৩২ কিলোগ্ৰামৰ এম হুছেইনৰ শাৰীৰিক অৱনতিৰ বাবে পাছলৈ মেজিক প্ৰদৰ্শন কমি আহিবলৈ ধৰিছিল। ১৯৯৮ চনৰপৰা তেখেতে শাৰীৰিকভাৱে অসুস্থ হৈ থাকিবলৈ আৰম্ভ কৰে। তেখেতৰ আৰ্থিক অৱস্থাও দুৰ্বল হৈ পৰিছিল আৰু চিকিৎসাৰ উপযুক্ত অৰ্থ সংগ্ৰহ কৰিবলৈ অসুবিধা পাইছিল। সেই সময়ত তেখেতে চিকিৎসাধীন হৈ থকা অসম চিকিৎসা মহাবিদ্যালয়ৰ ৰোগীসকলেও তেখেতৰ চিকিৎসাৰ বাবে অৰ্থ ব্যয় কৰিছিল। ১৯৯৯ চনৰ ছেপ্টেম্বৰ মাহৰ ৯ তাৰিখে (৯/৯/১৯৯৯) তেখেতৰ মৃত্যু হয়। উপস্থাপন শৈলী বিশাল শৰীৰৰ অধিকাৰী এম হুছেইনৰ মঞ্চ উপস্থিতি আছিল অনন্য। তেখেতৰ মেজিকৰ আইটেমসমূহ সাধাৰণতে গম্ভীৰ, অলৌকিক বা কাব্যিক বিধৰ আছিল। প্ৰদৰ্শিত যাদুসমূহ সাধাৰণতে গম্ভীৰ ভাৱে অৱতাৰণা কৰা হৈছিল যদিও কেইটামান যাদু ধেমেলীয়া বিধৰো ৰাখিছিল। বিভিন্ন ঐতিহাসিক ঘটনা দেশপ্ৰেমমূলক কাহিনী (কুশল কোঁৱৰৰ ফাঁচী) আদিৰ আলম লৈ যাদুসমূহ প্ৰদৰ্শন কৰা হৈছিল। এম হুছেইনে উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মাজত সম্প্ৰীতিৰ বাৰ্তাবাহক, নাৰীৰ সম অধিকাৰ আদিৰ ওপৰতো যাদুৰ প্ৰদৰ্শন প্ৰস্তুত কৰিছিল। তেখেতৰ বিশাল দেহ, গুৰু-গম্ভীৰ কণ্ঠই তেখেতৰ যাদু প্ৰদৰ্শনত গম্ভীৰতা আনি দিছিল। অসমত যাদু প্ৰদৰ্শনক মঞ্চ-কলা হিচাপে প্ৰথমে প্ৰতিষ্ঠিত কৰিছিল এম হুছেইনে। এম হুছেইনে ১৯৯১ চনত গুৱাহাটীৰ চী বজাৰৰ পদপথত এটা কংকাল লগত লৈ বজাৰ কৰাৰ এক অনুষ্ঠানো কৰিছিল। অন্ধবিশ্বাসৰ বিৰূদ্ধে এম হুছেইনৰ যাদু অনুষ্ঠানত ভূত-প্ৰেত, অলৌকিকতা আদিৰ ওপৰতো যাদু ৰখা হৈছিল যদিও, প্ৰদৰ্শনৰ শেষত হুছেইনে সদায়ে যাদু যে কোনো তন্ত্ৰ-মন্ত্ৰ বা ভূত-প্ৰেতৰ দ্বাৰা সমাধা নহয়, বৰং যাদু যে হাতৰ কাৰচাজীৰ এক কলাহে সেইটো ব্যক্ত কৰিছিল। তেখেতৰ দুই-এটা যাদুৰ আঁৰৰ কৌশলো ৰাইজৰ আগত দেখুৱাই দিছিল নিজৰ অনুষ্ঠানৰ মাজতেই। মানুহৰ মাজৰপৰা অন্ধবিশ্বাস দূৰ কৰাৰ বাবেও তেখেতে কাম কৰিছিল। সন্মান এম.এ.এন. মাছ কমিউনিকেশ্বনৰ উদ্যোগত এম হুছেইনৰ মৃত্যু দিন ৯ ছেপ্টেম্বৰ দিনটোক 'মেজিচিয়ান দিৱস' হিচাপে উদযাপন কৰি ২০১৪ চনৰ সেই তাৰিখত নামে গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত এক যাদু উৎসৱৰ আয়োজন কৰি এম হুছেইনক স্মৰণ কৰা হয়। তথ্য সূত্ৰ যাদুকৰ অসমৰ
36946
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A7%80%E0%A6%AE%E0%A6%A4%20%E0%A6%AF%E0%A6%BE%E0%A7%B0%20%E0%A6%B9%E0%A7%87%E0%A7%B0%E0%A6%BE%E0%A6%B2%20%E0%A6%B8%E0%A7%80%E0%A6%AE%E0%A6%BE
অসীমত যাৰ হেৰাল সীমা
অসীমত যাৰ হেৰাল সীমা প্ৰয়াত ভুৱন মোহন বৰুৱাই কাঞ্চন বৰুৱা ছদ্মনামেৰে ৰচনা কৰা এখন জনপ্ৰিয় অসমীয়া উপন্যাস৷ এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱৰ সংমিশ্ৰণ তথা জন্মান্তৰবাদৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৪৫ চনৰ ১৫ জুলাইত। অসমৰ আগশাৰীৰ থিয়েটাৰ গোষ্ঠী কহিনুৰ থিয়েটাৰে, এই উপন্যাসখন প্ৰথমতে ১৯৮৩ চনত (নাট্যৰূপ নাট্যসম্ৰাট প্ৰফুল্ল বৰা) আৰু ২০০৮ চনত(নাট্যৰূপ হেমন্ত দত্ত) মঞ্চস্থ কৰিছিল৷ লেখকৰ পৰিচয় ১৯১৪ চনত ব্ৰিটিছ ভাৰতৰ প্ৰদেশ অসমৰ ৰাজধানী শ্বিলঙত ভুৱন মোহন বৰুৱাৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল ভৈৰৱ চন্দ্ৰ বৰুৱা। তেখেতৰ মাক আছিল প্ৰখ্যাত সংগীতাচাৰ্য লক্ষীৰাম বৰুৱাৰ কন্যা। যোৰহাটৰ প্ৰিঞ্চ অৱ ৱেলচ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা ডিপ্লোমা পাঠ্যক্ৰম সমাপ্ত কৰি ডিগবৈত তেল কোম্পানীৰ চাকৰিত যোগদান কৰে। এঘাৰ বছৰ চাকৰি কৰাৰ অন্তত তেখেতে পুনৰ শ্বিলঙলৈ উভতি যায়। বৰুৱাই অসম চৰকাৰৰ অধীন চলচ্চিত্ৰ বিত্তীয় ব্যৱস্থাপক সমিতি )ৰ এজন সদস্য হিচাপে কাম কৰিছিল। ইয়াৰ উপৰিও তেখেত এজন শিল্পী ৰূপেও জনাজাত আছিল। তেখেতে বহুতো নাটক পৰিচালনা কৰিছিল। তেখেত অবিবাহিত আছিল, পৰিয়ালত দুজন ভাই ককাই আৰু দুগৰাকী ভগ্নী আছিল। অসম চৰকাৰে তেখেতৰ কৰ্মৰ প্ৰতি সন্মান জনাই শিল্পী পেঞ্চন আগবঢ়াইছিল। ১৯৯৮ চনৰ ১০ মে’ত তেখেতে শ্বিলঙত দেহত্যাগ কৰে। কাহিনীৰ সাৰাংশ এটা সপোনক আধাৰ কৰি “অসীমত যাৰ হেৰাল সীমা” উপন্যাসখনৰ কাহিনীয়ে গতি কৰিছে। উপন্যাসখনৰ আৰম্ভণিতে কাহিনীকাৰৰ নিজাকৈ এটা সৰু সপোন। আধৰুৱা সপোনটোৱে পূৰ্ণতা পোৱাৰ আগতেই তাত কাহিনীকাৰৰ বাস্তৱ জীৱনৰ চাৰি বন্ধুৱে দখল দিয়ে।( বন্ধুবৰ্গৰ এজন প্ৰফেছৰ, এজন কবি, এজন ডাক্তৰ আৰু আনজন কাহিনীকাৰৰ দৰেই কেৰাণী)। উদ্দেশ্য পাঁচ বন্ধুৱে লগ হৈ এক অভিনৱ অৱসৰ বিনোদন উপভোগ কৰা। জনসমাগম এৰি দিহিঙৰ বুকুৱেদি নাৱেৰে উজাই গৈ কোনোবা অজান মুলুকলৈ ঢাপলি মেলাৰ প্ৰয়াস। প্ৰায় এমাহজোৰা এই আয়োজন। নাৱেৰে উজাই গৈ পোন্ধৰ দিন পাৰ হোৱাৰ পাছত তেওঁলোকে জনপ্ৰাণীহীন অটব্য অৰণ্যৰ মাজত হঠাৎ অভাৱনীয়ভাৱে সাক্ষাৎ পায় সভ্য সমাজৰ ছাঁটো নপৰা কিছু আদিম আদিবাসীৰ। কৌতূহলৰ বশৱৰ্তী হৈ তেওঁলোকে নাও এৰি পাৰলৈ নামি পৰিল। সেই আদিম মানুহখিনিৰ আটাইতকৈ বয়সস্থজনে তেওঁলোকৰে এজন নাৱৰীয়াৰ সৈতে দুই চাৰিটা কথা বিনিময় কৰাত সক্ষম হ’ল। তেওঁলোকক পাই মানুহজাক সুখী হ’ল। গোটেইবোৰে লগ হৈ ভোজ-ভাত খালে। নিশাটো তাতে কটালে। পুৱা পুনৰ যাত্ৰা আৰম্ভ কৰিব খোজাতহে লেঠাটো লাগিল। নাৱৰীয়াকেইজনে বিদ্ৰোহ কৰিছে। তেওঁলোক আৰু আগলৈ নাযায়। তাৰপৰা আগলৈ আৰু উজাই গ’লে হেনো ভয়ংকৰ বিপদত পৰিব লগা হ’ব। তাৰপৰা কোনো কেতিয়াও উজাই যোৱা নাই। মৰসাহেৰে কোনো গ’লেও সি আৰু ঘূৰি অহা নাই। কালিকা লগা ঠাই-গোসাঁনী আছে। গ’লেই নিশ্চিত মৰণ। প্ৰায় জেদ কৰিয়েই পাঁচ বন্ধুৱে নাও মেলি দিলে। প্ৰকৃতিৰ অপৰূপ শোভা চাই চাই আগবাঢ়োঁতেই নিশাৰ আন্ধাৰত কোবাল বতাহ-বৰষুণ-ধুমুহাই তেওঁলোকক উটুৱাই নি ক’ৰবাত পেলায়গৈ। দিনৰ পোহৰত নিশাৰ ভয়াৱহতাৰ কথা পাহৰি অলপ সুস্থিৰ হ’ব খোজোঁতেই বন্ধুবৰ প্ৰফেছৰে আন এক চমক দিয়ে। ধুমুহাৰ তাণ্ডৱে তেওঁক ওভতাই লৈ যায় তেৰশ বছৰ পুৰণি তেওঁৰ জন্মভূমিলৈ, অতীত জীৱনলৈ। মূল কাহিনী আৰম্ভ হয় তাৰ পৰা। তেৰশ বছৰ পুৰণি প্ৰফেছৰৰ জন্মভূমিৰ নাম আছিল “কমলনগৰ” আৰু তাৰ মাজেৰে বৈ যোৱা নৈখনৰ নাম আছিল “কাঞ্চনমতী”। প্ৰায় পঁচিছ হাজাৰ মানুহৰ বাসভূমি এই কমলনগৰৰ আয়তন দীঘলে দহ মাইল আৰু বহলে আঠ মাইলতকৈ বেছি নহয়। কমল-নগৰক পূবৰপৰা পশ্চিমলৈ এডাল সৰলৰেখাৰ দৰে বৈ যোৱা কাঞ্চনমতীয়ে সমানে দুভাগ কৰিছে। কিন্তু দুয়োটা ভাগ প্ৰায় সমান হ’লেও, উত্তৰপাৰৰ তুলনাত দক্ষিণপাৰত মানুহৰ দুগুণ বসতি আছিল। কাঞ্চনমতীৰ ওপৰত ইটাৰে গঢ়া বিৰাট পকীদলংখনৰ নাম আছিল “বগা-দলং”। কমলনগৰৰ লগত ৰাজধানী বা ৰজাৰ সম্পৰ্ক ৰক্ষা কৰিছিল কেৱল মাত্ৰ এজন ৰাজবিষয়াই। বছৰেকত মাথোঁ এবাৰ ৰাজ-দৰবাৰলৈ গৈ কৰ আৰু কমলনগৰৰ ভাল-বেয়া, আয়-ব্যয় আদি সকলো বছৰটোৰ কাৰণে জনাই আহিব লগাত পৰিছিল। গোটেই নগৰৰ শান্তি, সমৃদ্ধি একান্তভাৱে নিৰ্ভৰ কৰিছিল এই প্ৰধান ৰাজবিষয়াৰ ওপৰত। প্ৰকৃততে তেৱেঁই আছিল কমল নগৰৰ একছত্ৰী অধিপতি। ”ৰঙাটিলা”ৰ বাসিন্দা লক্ষ্মীনাৰায়ণ প্ৰধান আৰু প্ৰথম ৰাজবিষয়া। অশোক দ্বিতীয় ৰাজবিষয়া। অশোকৰ আবাসস্থলৰ নাম “ৰূপালীপাম”। অশোকৰ পত্নী উমা আৰু দুই কন্যা মণি-আৰতি। লক্ষ্মীনাৰায়ণৰ একমাত্ৰ কন্যা গৌৰী। মাতৃহীনা গৌৰী উমাৰ বৰ আদৰৰ। আটায়ে লগ হৈ মাঘবিহু উপলক্ষে খেলমাটিত হোৱা ম’হযুঁজ চাবলৈ যায়। ইপিনে কৈশোৰৰ অভিন্ন লগ চন্দনক লগত লৈ অশোকেও বকুলপুৰৰ পৰা বাহিৰে বাহিৰে খেলমাটিত ভৰি দিয়েগৈ। তাতেই প্ৰথম গৌৰীৰ সৈতে মুখামুখি হয় চন্দনৰ। সেই প্ৰথম দৰ্শনৰ পৰাই চন্দন আৰু গৌৰীৰ মাজত অহি-নকুল সম্পৰ্ক। কিন্তু দিন বাগৰাৰ লগে লগে চন্দন-গৌৰীৰ হৃদয়ত মৰমৰ বা বলে। ভালপোৱাৰ সুবাসে দুয়োকো আবৰি আনে। তেনেতে তাত বিধি-পঠালি দিয়ে শুকুলাই। শুকুলা চন্দনৰ মৰমৰ ঘোঁৰাজনীৰ নাম। ইফালে আত্মগৌৰৱতেই হওক বা অহংকাৰতেই হওক গৌৰীয়ে কাকো সুধিব নোৱাৰে শুকুলাৰ কথা। অভিমানত গৌৰীৰ মনত ঈৰ্ষাৰ সৃষ্টি হয়। আনহাতে আকৌ চন্দনৰ প্ৰেমৰ জুইকুৰাত ইন্ধন যোগায় চম্পাই। চন্দনৰ আজন্ম লগৰী চম্পা। কমলনগৰৰ আটাইতকৈ ৰূপৱতী-গুণৱতী ছোৱালীজনী হ’ল চম্পা। চন্দনৰ আশৈশৱ লগৰী চম্পা। চন্দনৰ প্ৰতি চম্পাৰ বুকুত বৈ থাকে নেদেখা কাঞ্চনমতী এখন। কোনেও তাৰ ভূ-কে নাপায়। দিনবোৰ সুকলমে সুখ-শান্তিৰে গৈ থাকে। উমাই চন্দন-গৌৰীৰ কাজিয়াখনৰ নিষ্পত্তি ঘটাওঁ বুলি লওঁতেই কমলনগৰক দুৰ্য্যোগে বেঢ়ি ধৰে। ৰাজধানীৰপৰা বাতৰি আহে দেশখন মহা-পৰাক্ৰমী শত্ৰুৰ কবলত পৰাৰ। ৰাজধানীৰ উত্তৰ, পশ্চিম, পূব সকলোফালে শত্ৰুৱে প্ৰতিখন নগৰকে আক্ৰমণ কৰিছে। তাতোকৈ মৰ্মান্তিক খৰবটো হ’ল এটা শক্তিশালী দল আগবাঢ়িছে কমলনগৰৰ ফালে। ৰাজধানীৰপৰা ন্যূনতমো সাহায্য পোৱাৰ আশা নাই। ল’ৰা-বুঢ়া-ডেকা-গাভৰু সকলোৱে মিলি শক্তিয়ে আঁটেমানে শত্ৰুৰ স’তে যুঁজ দিয়ে। যুঁজত লক্ষ্মীনাৰায়ণৰ মৃত্যু হয়। যুঁজৰ নিষ্ঠুৰতাই ন বছৰীয়া শ্যামকো ৰেহাই নিদিলে। ল’ৰা-বুঢ়া-ডেকা-ডেকেৰী কোনো বাদ নগ’ল। হাজাৰ হাজাৰ মানুহ মৰি ভূত হ’ল। তথাপি ৰণত শত্ৰুৰ পৰাজয় হ’ল। কিন্তু এই ৰণে কমলনগৰৰ প্ৰাণ কাঢ়ি নিলে। চন্দন চিৰজীৱনলৈ ঘুণীয়া হ’ল। কমলনগৰ মৰিশালিত পৰিণত হ’ল। শত্ৰুৰ বাণে বুকু বিন্ধি যোৱা চম্পাই মৃত্যুৰ ওচৰত হাৰ মানিলে। কিন্তু মৃত্যুৰ আগে আগে চন্দনে উপলব্ধি কৰে চম্পাৰ আপুৰুগীয়া প্ৰেম। জীয়াই থাকোঁতে এদিনলৈ চম্পাক বুজি নোপোৱা চন্দনে মৃত্যুৰ পাছত বুজি উঠে চম্পাৰ হাঁহিৰ আৱৰণৰ অৰ্থ। কালৰ কুটিল গতিয়ে নিঃশেষ কৰি পেলায় কমলনগৰৰ অস্তিত্ব। চৰিত্ৰসমূহ লক্ষ্মীনাৰায়ণ, অশোক, চন্দন, পাৰ্বতী, উমা, গৌৰী, চম্পা, ৰমা, ৰাধা, ৰূপহী, জয়া, মতি, তিলক, কেতেকী, মুকুতা, যদু খুৰা, নবীন আতৈ, আৰতি, মণি, যশোদা, আইদেউতা, বকুলীবাই, বৃন্দা, মনোহৰ বুঢ়া, আনন্দ, দেবযানী, ৰাম, শ্যাম, ডাক্তৰ, প্ৰফেচৰ, ফুকন, কবি লগতে লেখক। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ আকাশবাণী গুৱাহাটীৰ ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত "অসীমত যাৰ হেৰাল সীমা" অসমীয়া গ্ৰন্থ অসমীয়া
59368
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A6%BE%E0%A6%AE%20%E0%A6%97%E0%A6%97%E0%A7%88
ৰাম গগৈ
ৰাম গগৈ(, জন্ম: মৃত্যু: ৯ ছেপ্টেম্বৰ, ১৯৯৪) ৰামধেনু যুগৰ অন্যতম বিশিষ্ট কবি। তেওঁ মাৰ্ক্সীয় আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ কাব্য চৰ্চা কৰিছিল। খাটি খোৱা হালোৱা-হজুৱা, কৃষক-বনুৱা, শ্ৰমজীৱীৰ ওপৰত শোষক শ্ৰেণীৰ বৈষম্য, অন্যায়-অবিচাৰৰ বিৰুদ্ধে তেওঁ কবিতাৰে বিপ্লৱ ঘোষণা কৰিছিল। সৰ্বহাৰা জনতাৰ মুক্তিৰ বাবে তেওঁৰ শাণিত কলমৰ পৰা ওলোৱা কবিতাবোৰ হৈ পৰিছিল বেদনাৰ দলিল। সেয়েহে তেওঁ জনতাৰ কবি, পথাৰ কবি, প্ৰতিবাদী কবি, দৰদী কবি হিচাপে আজিও খ্যাত। জন্ম আৰু পাৰিবাৰিক জীৱন ১৯৩২ চনৰ জুন মাহৰ ২০ তাৰিখে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ২নং ঘূৰণীয়া গাঁৱত ৰাম গগৈৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল লোকনাথ গগৈ আৰু ৰ নাম আছিল ৰহিলা গৈ। লোকনাথ গৈ চাহ বাগিছাৰ কেৰাণী আছিল। লোকনাথ গগৈৰ ন জন সতি সন্ততিৰ ভিতৰত ৰাম গৈ পঞ্চমজন আছিল। শৈক্ষিক জীৱন ৰাম গৈয়ে তিনিআলি চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ত শিক্ষাজীৱনৰ পাতনি মেলে। তাৰ পিছত টিংখাং হাইস্কুলত অষ্টম শ্ৰেণীলৈকে পঢ়ি ১৯৫০ চনত খোৱাং হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত গুৱাহাটীৰ কটন কলেজৰ পৰা ১৯৫৪ চনত স্নাতক ডিগ্ৰী লাভ কৰে। চাকৰি কাল স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত নাহৰকটীয়া, চাচনী, টিংখং অঞ্চলৰ কেইবাখনো বিদ্যালয়ত অস্থায়ীভাৱে কতা কৰিছিল। পাছত চাচনীৰ গেথু পথাৰ মধ্য ইংৰাজী বিদ্যালয়ত সহকাৰী ক হিচাপে চাকৰি কৰি ৯২ চনত অৱসৰ হণ কৰে। ব্যক্তিগত জীৱন ১৯৫৬ চনত ৰাম গৈয়ে নিৰলা চাংমাইৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ পাঁচজন পুত্ৰ আৰু সাতগৰাকী কন্যাসন্তান আছিল। সাহিত্যিক জীৱন টিংখাং হাইস্কুলত সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতেই বিদ্যালয়ৰ হাতেলিখা আলোচনী ‘প্ৰণতি’ত তেওঁৰ কাব্য প্ৰতিভাৰ বীজ অংকুৰিত হয়। তাতে তেওঁৰ কেইবাটাও কবিতা প্ৰকাশ পায়। ১৯৫২ চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সম্পাদিত ‘ৰামধেনু’ৰ তেই মাটিৰ স্বপ্ন, হে পৃথিৱী অন্তৰতমা,পথাৰ, এটম বোমা আদি কবিতাৰে ৰাম গৈয়ে আত্মপ্ৰতিষ্ঠা লাভ কৰে। ১৯৬২ চনত ড॰ বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত প্ৰকাশ পোৱা ‘সাদিনীয়া নৱযুগ’ আলোচনীত তেওঁৰ ভালেকেইটা বলিষ্ঠ কবিতা প্ৰকাশিত হয়। ৯২ চনত অসম ৰ পৰা ৰাম গৈয়ে সাহিত্যিক পেঞ্চন লাভ কৰে। ৰাম গৈৰ প্ৰকাশিত সাহিত্য সম্ভাৰ কাব্য সংকলন মাটিৰ স্বপ্ন (১৯৬৩) হে পৃথিৱী অন্তৰতমা (১৯৮৫) কোমল গান্ধাৰ ৯৪) উপন্যাস স্বপ্ন হৃদয় নদী সমুদ্ৰ সুদূৰ বিশল্যকৰণী পুথি কেঞাবন ৰাজনৈতিক জীৱন ৰাজনৈতিক আৰু সামাজিক জীৱনত ৰাম গৈয়ে মাৰ্ক্সবাদী ধ্যান-ধাৰণাৰে সংগঠকৰ ভূমিকা পালন কৰিছিল। ১৯৬২ চনত নাহৰকটীয়াৰ জয়পুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও তেওঁ পৰাজয়বৰণ কৰিবলগীয়া হয়। ৬-৬৭ চনত ভাৰতীয় বিপ্লৱী কমিউনিষ্ট দলৰ ৰাজ্যিক পৰ্যায়ৰ সদস্য হৈ উক্ত দলৰ মুখপত্ৰ ‘সমাজতন্ত্ৰ’ নামৰ কাকত সম্পাদনা কৰে। বিষয়বাব ১৯৮৫ চনত অসম সাহিত্য সভাৰ বিহপুৰীয়া অধিৱেশনৰ কবি সন্মিলনৰ সভাপতি ১৯৮৬-৮৭ চনত নাহৰকটীয়া শাখা সাহিত্য সভাৰ সভাপতি ৮ চনত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি ৯০-৯১ চনৰ অসম সাহিত্য সভাৰ উপ-সভাপতি ১৯৮৭ চনৰ ৬ ছেপ্টেম্বৰত কৰা ‘সদৌ অসম কবি সন্মিলন’ৰ তেওঁ প্ৰতিষ্ঠাপক সভাপতি আছিল। কবিতা আবৃতিকাৰ হিচাপে তেওঁৰ কণ্ঠ অতি সুৰীয়া আছিল। ১৯৮৫ চনত কলিকতাত অনুষ্ঠিত ‘অসম বাংলা কবিতা সন্মিলন’ত অংশগ্ৰহণ কৰি কবিতা পাঠ কৰে। ১৯৮৬ চনত ভূপাল চহৰত অনুষ্ঠিত ‘বিশ্ব কবি সন্মিলন’ত তেওঁ অসমক প্ৰতিনিধিত্ব কৰি কবিতা পাঠ কৰে। কলিকতাৰ আমেৰিকান উচ্চায়ুক্তই শ্বিলঙত আয়োজন কৰা এক প্ৰতিনিধিত্বমুলক কবি সন্মিলনতো অংশগ্ৰহণ কৰে। এই সন্মিলনত প্ৰকাশিত নামৰ কাব্য সংকলনত তেওঁৰ দুটা ইংৰাজী কবিতা প্ৰকাশ হয়। চীন ৰ আমন্ত্ৰণক্ৰমে মহাচীনৰ প্ৰতিষ্ঠা দিৱসত ভাৰতক প্ৰতিনিধিত্ব কৰি কবি সন্মিলনত অংশগ্ৰহণ কৰাৰ সুনাম অৰ্জন কৰে। মৃত্যু কৰ্কট ৰোগত আক্ৰান্ত হৈ ৯৪ চনৰ ৯ ছেপ্টেম্বৰ তাৰিখে ৰাম গৈয়ে নশ্বৰ দেহ ত্যাগ কৰে। জীৱন দৰ্শন ৰাম গৈ তে এগৰাকী প্ৰগতিশীল সমাজ সচেতন ব্যক্তি। তেওঁ কবিতাৰে মেহনতী জনগণক বিপ্লৱৰ ত মুক্তিত সপোন দেখুৱাইছে। কাৰণ পুঁজিপতি, শোষক গোষ্ঠীয়ে শ্ৰমজীৱী জনগণৰ বাক্ স্বাধীনতা কাঢ়ি লৈ যোৱা আৰ্তস্বৰৰ বীভৎস বেদনা কবিয়ে কাণপাতি শুনিছে। শ্ৰমৰ মৰ্যাদা দিব নোখোজা শোষক শ্ৰেণীৰ বিলাসবহুল জীৱন যাপনৰ স্বপ্ন ৎ কৰিবলৈ তীৰ্যক, বিদ্ৰূপ আৰু ব্যংগাত্মক বহু কবিতা লিখিছে। তেওঁৰ কবিতাত আছে মাটি আৰু মানুহৰ প্ৰতি গভীৰ ভালপোৱা, প্ৰকৃতিপ্ৰেম, মানৱ জীৱনৰ সংঘাত আৰু নিৰ্যাতনৰ হুবহু চিত্ৰ। সেয়েহে ৰাইজৰ দুখ-যন্ত্ৰণা, মুখৰ মাত তেওঁৰ কলমৰ আগেৰে নিৰ্ভীকভাৱে ওলাই আহিছিল। ‘পথাৰ’ তেওঁৰ এটি অন্যতম জনপ্ৰিয় কবিতা। এই কবিতাটোৰ বাবে অসমৰ প্ৰথিতযশা সাহিত্যিক টিংখাঙৰ ড॰ মহেন্দ্ৰ বৰাই ৰাম গৈক ‘জনতাৰ কবি’ৰূপে স্ৱীকৃতি দিছিল। সকলোধৰণত বৈষম্য আঁতৰাই ১৯৮৭ চনত জন্মলাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমটো কবিতাৰ সংগঠন ‘সদৌ অসম কবি সন্মিলন'ৰ একেখন পতাকাৰ তলত একেখন মঞ্চত অসমৰ কবিকুলক ঠিয় কৰাই ‘কবিতাই মাত মাতিব লাগিব’ বুলি কাব্যমঞ্চ গঠন কৰি থৈ গৈছে। বাহ্যিক সংযোগ সদৌ অসম কবি সন্মিলন অসম সাহিত্য সভা তথ্য সংগ্ৰহ অসমীয়া কবি অসমীয়া ঔপন্যাসিক অসমীয়া গল্পকাৰ মৃত
4382
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE
শিক্ষা
ব্যক্তিৰ মন, চৰিত্ৰ বা শাৰীৰিক ক্ষমতালৈ গঠনমূলক অৱদান আগবঢ়োৱা যিকোনো ধৰণৰ কাৰ্য্য বা অভিজ্ঞতাকে বিস্তৃত অৰ্থত শিক্ষা বোলা হয়। এই সংজ্ঞাৰ আধাৰত শিক্ষাৰ মূল বৈশিষ্ট্যসমূহ হৈছে: জ্ঞান, পাৰদৰ্শিতা আৰু তথ্য আহৰণৰ প্ৰয়োজনীয়তা, শিক্ষা প্ৰদানৰ বাবে উৎসুক ব্যক্তিৰ সহায় ভ্ৰান্ত চিন্তাধাৰা পৰিহাৰ কৰাৰ প্ৰয়োজনীয়তা আৰু সক্ষমতা, মানসিক উৎকৰ্ষ সাধন। এজন শিক্ষিত ব্যক্তি শুদ্ধ বিশ্লেষণ ক্ষমতা, পৰিস্কৃত চিন্তা কৰাৰ ক্ষমতা উপযুক্তভাবে প্ৰয়োগ কৰি স্বনিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বলৈ সক্ষম হয়। সেয়েহে, শিক্ষা হৈছে প্ৰাণীৰ অনুধাৱন সক্ষমতা যি ধাৰকক অভিজ্ঞতা আৰু উৎকৰ্ষ সাধনৰ মাজত সংগলগ্নতা স্থাপন কৰি সমস্যা সমাধানৰ উপযুক্ত পন্থা অৱলম্বনত সহায় কৰে। সম্যক অৰ্থত জ্ঞান আহৰণ আৰু প্ৰদানৰ প্ৰক্ৰিয়াকো শিক্ষা বোলা হয়। শিক্ষা ব্যৱস্থা "প্ৰাথমিক স্তৰৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় পৰ্য্যায়লৈকে সচৰাচৰ প্ৰয়োজনীয় বিষয়সমূহৰ উপৰিও বিভিন্ন ধৰণৰ কাৰিকৰী আৰু পেচাগত বিশিষ্ট আৰু ব্যৱস্থাপনাক সামৰি লৈ ক্ৰম অনুসাৰে বিভিন্ন স্তৰত সজ্জিত, সময় নিৰ্ধাৰিত শিক্ষণ প্ৰণালীকে আনুষ্ঠানিক শিক্ষা ব্যৱস্থা বোলা হয়। এনে শিক্ষা ব্যৱস্থাক তলত দিয়া ধৰণে বিভিন্ন পৰ্যায় বা বিভাগত ভগাব পাৰি। অৱশ্যে এই ভাগবোৰ পানী নসৰকা বিধৰ নহয় আৰু এক প্ৰকাৰ ব্যৱস্থা অন্য এক প্ৰকাৰৰ লগত ওপৰা-উপৰিকৈও প্ৰদান কৰা হ'ব পাৰে। লক্ষণীয় যে নিম্নোক্ত শ্ৰেণীবিভাজনসমূহ দেশ, স্থান বা পদ্ধতি অনুসাৰে ভিন্ন ভিন্ন হ'ব পাৰে। উদাহৰণস্বৰূপে কোনো কোনো দেশত কেৱল প্ৰাথমিক শিক্ষাক, কোনো দেশত (প্ৰাক-প্ৰাথমিক শিক্ষা প্ৰাথমিক শিক্ষা)-ক একেলগে, একেখন বিদ্যালয়ৰ পৰা প্ৰদান কৰা হয়। কোনো কোনো ক্ষেত্ৰত মাধ্যমিক শিক্ষা নিম্ন মাধ্যমিক, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আদি শাখাত বিভক্ত কৰা হয়। প্ৰাক-প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি প্ৰথমচোৱা শিক্ষাক (দেশ, স্থান বা পদ্ধতি অনুসাৰে ভিন্ন) কেতিয়াবা বুনিয়াদী বোলা হয়। (উচ্চশিক্ষা আৰু তেনে ধৰণৰ বিশেষ শিক্ষা প্ৰক্ৰিয়াৰ বিষয়ে পাছৰ অনুচ্ছেদসমূহত আলোচনা কৰা হৈছে)। ভাৰতবৰ্ষত ২০০৯ চনত গৃহীত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইনৰ অনুচ্ছেদ অনুসৰি ৬ৰ পৰা ১৬ বছৰ পৰ্য্যন্ত চৰকাৰী বিদ্যালয়ত শিশুৰ বাবে শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰা হয়। বেচৰকাৰী বিদ্যালয়সমূহেও তেওঁলোকৰ ২৫% শিশুক এই সুবিধা দিয়াতো বাধ্যতামূলক। প্ৰাক-প্ৰাথমিক শিক্ষা শিশুক শিক্ষালাভৰ বাবে প্ৰস্তুত কৰিবলৈ প্ৰাক প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা। এই স্তৰত মুখ্যতঃ খেল ধেমালিৰ জৰিয়তে শিশুক পৰৱৰ্তী স্তৰৰ শিক্ষালাভৰ বাবে প্ৰস্তুত কৰা হয়। সাধাৰণতে এই স্তৰত (আৰু পাচৰ স্তৰতো) মেৰীয়া মণ্টেছৰীয়ে প্ৰৱৰ্তন কৰা মণ্টেছৰী শিক্ষা প্ৰণালীৰ মনস্ততঃ উপযোগ কৰা হয়। প্ৰাথমিক শিক্ষা প্ৰাথমিক শিক্ষা ৫-৭ বছৰ বয়ষীয়া শিক্ষাৰ্থীৰ বাবে প্ৰবৰ্তিত। দেশ বা পদ্ধতি অনুসাৰে এই পাঠ্যক্ৰম ৪ ৰ পৰা ৫ বছৰ পৰ্য্যন্ত হ'ব পাৰে। পৃথিৱীত প্ৰায় ৮৯% ছাত্ৰ-ছাত্ৰীয়ে এই পাঠ্যক্ৰমত নামভৰ্তি কৰে আৰু লাহে লাহে এই সংখ্যা বাঢ়ি আহিছে। -অৰ কাৰ্য্যক্ৰমৰ অধীনত বিশ্বৰ প্ৰায় সকলো দেশেই ২০১৫ চনৰ ভিতৰত ১০০% নামভৰ্তিৰ বাবে অংগীকাৰবদ্ধ হৈছে। পৃথিৱীৰ বহুত দেশত প্ৰাথমিক শিক্ষা বাধ্যতামূলক আৰু কোনো কোনো দেশত বিনামূলীয়া। মাধ্যমিক শিক্ষা প্ৰাথমিক শিক্ষা শেষ কৰি শিক্ষাৰ্থীয়ে মাধ্যমিক শিক্ষা গ্ৰহণ কৰে। কৈশোৰ অৱস্থাত গ্ৰহণ কৰিব লগীয়া এই শিক্ষাই শিক্ষাৰ্থীক জীৱনত সচৰাসচৰ প্ৰয়োজন হ'ব পৰা বিষয়বোৰৰ সম্যক জ্ঞান দিয়া হয়। লগতে এই শিক্ষাৰ দ্বাৰা ইচ্ছুকজনক বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষা, পেচা বা বৃত্তিগত শিক্ষাৰ বাবেও প্ৰস্তুত কৰা হয়। শিক্ষাৰ্থীৰ জীৱনৰ দ্বিতীয় পৰ্যায়ৰ এই শিক্ষাক কোনো কোনো স্থনত মধ্য-মাধ্যমিক, উচ্চ-মাধ্যমিক, আৰু উচ্চতৰ মাধ্যমিক নামৰ তিনিটা স্তৰত ভাগ কৰি পঢ়ুওৱা হয়। পৰম্পৰাগত শিক্ষা পৰম্পৰাগত শিক্ষা স্থানীয় পৰম্পৰাগত শিক্ষা প্ৰণালীৰ আধাৰত আগবঢ়োৱা হয়। সাধাৰণতে আগৰ ঔপনিবেশিক শাসনৰ অধীনৰ দেশবোৰত নতুন প্ৰজন্মৰ মনলৈ নিজ দেশৰ ঐতিহ্যৰ প্ৰতি জাগৃতি আৰু সন্মান ঘূৰাই আনিবলৈ বিভিন্ন পাঠ্যক্ৰমত এনে শিক্ষাকো অন্তৰ্ভুক্ত কৰা হয়। তদুপৰি ই থলুৱা সপ্ৰদায় সমূহক তেওঁলোকৰ "ভাষা আৰু সংস্কৃতিক পুনৰাৱিস্কাৰ আৰু পুনৰ্মূল্যায়নৰ সুবিধা প্ৰদান কৰে, যাৰ ফলত থলুৱা শিকাৰুৰ শিক্ষাত সহায় হয়" বৈকল্পিক শিক্ষা বৈকল্পিক শিক্ষাই বহল অৰ্থত প্ৰচলিত শিক্ষা ব্যৱস্থাৰ (যিকোনো বয়ষ বা পৰ্যায়ৰ) বাহিৰৰ বিভিন্ন ধৰণৰ শিক্ষা ব্যৱস্থা বা পদ্ধতিক বুজাব পাৰে। ইয়াক কেতিয়াবা অপৰম্পৰাগত শিক্ষা বা শৈক্ষিক বিকল্প ও বোলা হয়। এনে শিক্ষাব্যৱস্থাই কোনো বিশেষ লক্ষ্য (যেনে বাল্য বিবাহ বা শাৰীৰিক ভাৱে অক্ষমসকল আদি) গ্ৰহণ কৰাৰ উপৰিও বিভিন্ন বৈকল্পিক শৈক্ষিক তত্ত্বৰ প্ৰয়োগ আদিৰ ওপৰতো মনোনিবেশ কৰে। ওপৰৰ দ্বিতীয় প্ৰকাৰৰ শিক্ষা প্ৰায়েই শৈক্ষিক সংশোধনৰ ফলশ্ৰুতি আৰু প্ৰচলিত বাধ্যতামূলক শিক্ষাব্যৱস্থাৰ লগত নিমিলা শিক্ষাতত্ত্বৰ ওপৰত আধাৰিত হয়। কেতিয়াবা ই ৰাজনৈতিক, গৱেষণামূলক বা দশৰ্ষণমূলকো হ'ব পাৰে বা কেতিয়াবা প্ৰচলিত শিক্ষা ব্যৱস্থাত অসন্তুষ্ট শিক্ষক বা শিকাৰুৰ অসংগঠিত প্ৰয়াসো হ'ব পাৰে। এনে বিকল্পবিলাকৰ ভিতৰত ভেৰোণীয়া বিদ্যালয়সমূহ বৈকল্পিক বিদ্যালয়সমূহ স্বাধীন বিদ্যালয়সমূহ গৃহশিক্ষা আৰু স্বচালনা(?) আদি উল্লেখযোগ্য। সাধাৰণতে এওঁলোকে সৰু শ্ৰেণী, শিকাৰু আৰু শিক্ষকৰ নিকট সম্পৰ্ক, দলীয় ভাৱনা আদিত গুৰুত্ব আৰোপ কৰে। বৈকল্পিক শিক্ষাই স্বাধীনচিতিয়া শিক্ষা আৰু শ্ৰেণীকাৰ্যত সহায় কৰে বুলিও ভবা হয়। উচ্চশিক্ষাৰ ব্যৱস্থাসমূহ উচ্চশিক্ষাক কেতিয়াবা তৃতীয় স্তৰৰ ও বোলা হয় আৰু বাধ্যতামূলক নহয়। ইচ্ছুক উপযুক্ত শিকাৰুৱে মাধ্যমিক বা স্থান ভেদেউচ্চতৰ মাধ্যমিক শিক্ষা শেষ কৰাৰ পাছত উচ্ছশিক্ষা গ্ৰহণ কৰিব পাৰে। এই স্তৰত সাধাৰণতে স্নাতক আৰু স্নাতকোত্তৰ (মাষ্টাৰ আৰু ডক্টৰেট অৱ ফিল'চফি/চাইন্স) দুটা পৰ্য্যায় থাকে। ইয়াৰ উপৰিও এই শ্ৰণীত ভকেশ্যনেল শিক্ষা আৰু ট্ৰেইনিঙো সামৰি লোৱা হয়। কোনো কোনো ক্ষেত্ৰত এই শিক্ষানিষ্ঠানবোৰক তৃতীয় স্তৰৰ শিক্ষানুষ্ঠানো বোলা হয়। সাধাৰণতে তৃতীয় পৰ্য্যায় শেষ কৰাৰ পাছত শিকাৰুক শৈক্ষিক প্ৰমাণপত্ৰ ডিগ্ৰী বা ডিপ্ল'মা আদি প্ৰদান কৰা হয়। দেশৰ অৰ্থনৈতীক উন্নতিত উচ্চশিক্ষাৰ বিশেষ মহত্ত্ব আছে। ই দেশৰ প্ৰগতি কৰিবলৈ উচ্চ তথা বিশেষ জ্ঞানসম্পন্ন মানৱ সম্পদ সৃষ্টি কৰে। বিশ্ববিদ্যালয় পৰ্য্যায়ৰ শিক্ষা ব্যৱস্থা বিশ্ববিদ্যালয় পৰ্য্যায়ৰ শিক্ষা ব্যৱস্থাত সাধাৰণতে শিক্ষা প্ৰদান, গৱেষণা আৰু সমাজসেৱা আদি অন্তৰ্ভুক্ত হয়, আৰু ইয়াত স্নাতকপুৰ্ব, বা তৃতীয়স্তৰৰ শিক্ষা) আৰু স্নাতক বা স্নাতকোত্তৰ) পৰ্যায়ৰ শিক্ষা দিয়া হয়। একোখন বিশ্ববিদ্যালয় সাধাৰণতে কেইবাখনো মহাবিদ্যালয়েৰে গঠিত। আমেৰিকাত বিশ্ববিদ্যালয় সমূহ, ব্যক্তিগতখণ্ডৰ আৰু স্বত্বন্তৰীয়া (যেনে য়েল বিশ্ববিদ্যালয় হব পাৰে, ৰাজহুৱা বা চৰকাৰী খণ্ডৰো হব পাৰে যেনে পেনিচালভেনিয়া চৰকাৰী উচ্চ শিক্ষা বা চৰকাৰী পূঁজিৰে চালিত স্বত্বন্তৰীয়াও (যেনে ভাৰ্জিনিয়া হব পাৰে। ভাৰতত কিছুদিনলৈকে বিশ্ববিদ্যালসমূহ কেৱল চৰকাৰী উদ্যোগত প্ৰতিষ্ঠিত আছিল, কিন্তু সদ্যহতে শিক্ষা ব্যৱস্থাৰ উন্মুক্তকৰণৰ পাছত কিছুমান (বিশেষকৈ বৃত্তিমুখী শিক্ষাৰ) ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ো প্ৰতিষ্ঠা হোৱা দেখা গৈছে। উদাৰ কলা মহাবিদ্যলয় ব্যৱসায়িক, বৃত্তিমুখী আৰু প্ৰযুক্তিবিদ্যাৰ পাঠ্যক্ৰমসমূহৰ বিপৰীতে, শিক্ষাৰ্থীক ‘ব্যাপক সাধাৰণ জ্ঞান প্ৰদান’ আৰু ‘সাধাৰণ বৌদ্ধিক ক্ষমতা’ বিকাশৰ প্ৰয়াস কৰা মহাবিদ্যালয় বা বিশ্ববিদ্যালয় পাঠ্যক্ৰম সমূহক উদাৰ কলা প্ৰতিষ্ঠান বুলি জনা যায়। যদিও অধুনা ‘উদাৰ কলা মহাবিদ্যালয়’ নামে জনাজাত এই শিক্ষানুষ্ঠান সমূহ ইউৰোপত আৰম্ভ হৈছিল, বৰ্তমান সময়ত আমেৰিকাৰ বিশ্ববিদ্যালয়সমূহৰ লগতহে এই শব্দটি জড়িত কৰা হয়। এনে কিছুমান উদাহৰণ হ’ল ‘চেণ্ট জ’নচ কলেজ, ৰীড কলেজ কাৰ্লটন কলেজ স্মিথ কলেজ ইত্যাদি। সামূহিক মহাবিদ্যালয় সামূহিক মহাবিদ্যালয় এক ধৰণ শিক্ষা প্ৰতিষ্ঠান, বিভিন্ন দেশত এই নামেৰ বেলেগ বেলেগ ধৰণৰ শিক্ষানুষ্ঠানক বুজোৱা হয়। অষ্ট্ৰেলিয়াত সামূহিক মহাবিদ্যালয় সমূহে প্ৰাপ্তবয়স্ক শিক্ষা প্ৰদান কৰে, কানাডাত এই শব্দই সাধাৰণ ডিগ্ৰী প্ৰদান কৰা মহাবিদ্যালয় সমূহকে বুজায়। মালয়েচিয়াত সামূহিক মহাবিদ্যায় বিলাকে স্কুল পৰ্যায়ৰ ঠিক পাছতে বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষা দিয়া প্ৰতিষ্ঠান সমূহক বুজায়, আনহাতে ফিলিপাইনচত দিনৰ প্ৰাথমিক বা মাধ্যমিক শিক্ষানুষ্ঠান বিলাকক ৰাতি সামূহিক মহাবিদ্যালয় হিচাপে চলোৱা হয় আৰু তাত উচ্চশিক্ষা লাভ কৰিবৰ ইচ্চা থকা লোকসকলক পঢ়িবৰ সুবিধা দিয়া হয়। আমেৰিকাত সামূহিক মহাবিদ্যালয় বিলাকক জুনিঅ’ৰ কলেজ, কাৰিকৰী কলেজ বা চিটি কলেজ বুলি জনা যায়, আৰু এই বিলাকত সাধাৰণতে দুবছৰীয়া নিম্ন স্নাতক বা উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ পাঠদান কৰা হয়। এই মহাবিদ্যালয় বিলাকে চাৰ্টিফিকেট, ডিপ্লমা আৰু এচ’চিয়েটচ ডিগ্ৰী প্ৰদান কৰে, কিছুমান এনে মহাবিদ্যালয়ত প্ৰাপ্তবয়স্ক শিক্ষা আৰু অবিচ্ছিন্ন শিক্ষাৰ ব্যৱস্থাও থাকে। মুক্ত শিক্ষা সদ্যহতে জনপ্ৰিয় উঠা উচ্চ শিক্ষাৰ এক পদ্ধতি হ’ল “ইণ্টাৰনেট” মাধ্যমেৰে মুক্ত শিক্ষা এই শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থী সকলক কি পঢ়িব, কত পঢ়িব, কেনেকৈ পঢ়িব আৰু কিমান সময়ত সম্পূৰ্ণ কৰিব এই দিশ বিলাকত বিকল্প আৰু নমনীয়তা প্ৰদান কৰে। এই মুক্ত শিক্ষা প্ৰণালী বিলাকত সাধাৰণতে ই-লাৰ্নিং )বা ইণ্টাৰনেট শিক্ষা’ৰ সুবিধা সমূহ উপলব্ধ হয়। যিকোনো সময়তে, যিকোনো স্থানৰ ইচ্চুক শিক্ষাৰ্থী সকলৰ বাবে বহুতো বিশ্ববিদ্যালয় আৰু তেনেধৰণৰ অনুষ্ঠানে মুক্ত শিক্ষা সমল )কিন্তু প্ৰায় ক্ষেত্ৰতে দেখা যায় এই ‘মুক্ত শিক্ষা’ই, পৰম্পৰাগত উচ্চ শিক্ষাৰ দৰে ‘স্বীকৃত ডিগ্ৰী’ প্ৰদান নকৰে। সমূহ যোগান ধৰে। তথাপিও, আজিকালি মুক্ত শিক্ষা প্ৰণালী বিলাকে শিক্ষাৰ্থীৰ সুবিধাৰ বাবে পৰম্পৰাগত ডিগ্ৰীৰ দৰেই কিছুমান স্বীকৃতি বিকাশ কৰিছে। প্ৰাপ্তবয়স্ক শিক্ষা প্ৰাপ্তবয়স্কসকলক প্ৰশিক্ষণ বা বিভিন্ন কুশলতা প্ৰদান কৰাৰ প্ৰক্ৰিয়াকে প্ৰাপ্তবয়স্ক শিক্ষা বোলে। ইয়াক কেতিয়াবা এণ্ড্ৰাগজী (প্ৰাপ্তবয়স্কক শিকিবলৈ সহায় কৰাৰ কলা/বিজ্ঞান) ও বোলে। বৰ্তমান অনেক দেশত প্ৰাপ্তবয়স্ক শিক্ষা প্ৰচলিত। শ্ৰেণীকোঠাৰ শিক্ষা, নিজে নিজে শিকা আদিৰ পৰা আৰম্ভ কৰি ই-লাৰ্ণিঙলৈকে ই বিভিন্ন ৰূপ ল'ব পাৰে। আজিকালি ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন পেচাগত শিক্ষা যেনে পশু সহায়ক, ৰীয়েল ইষ্টেট লাইচেন্সিং, বুককীপিং আদি বিভিন্ন ক'ৰ্চ উপলব্ধ। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ
66813
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%BF%E0%A6%A6%E0%A7%81%E0%A6%AE%E0%A7%8B%E0%A6%B2%E0%A7%81%20%E0%A6%B8%E0%A7%81%E0%A6%AE%E0%A6%A5%E0%A6%BF
নিদুমোলু সুমথি
নিদুমোলু সুমথি জন্ম: ১৬ অক্টোবৰ ১৯৫০) বা দণ্ডমুদি সুমথি ৰাম মোহন ৰাও এগৰাকী ভাৰতীয় আনদ্ধ বাদ্যযন্ত্ৰ বাদক। তেওঁ মৃদংগ বাদক হিচাপে বিশেষ পাৰদৰ্শিতা অৰ্জন কৰিছে। তেওঁ মৃদংগ গুৰু শ্ৰী দণ্ডমুদি ৰাম মোহন ৰাওৰ পত্নী। তেওঁ ভাৰতৰ প্ৰথম মহিলা মৃদংগবাদকসমূহৰ ভিতৰত এগৰাকী আৰু প্ৰথম মহিলা লয় বিন্যাসৰ শিল্পী। তেওঁ ভাৰতৰ প্ৰথম এ-টপ গ্ৰেড মহিলা মৃদংগ বাদক শিল্পী। সুমথিয়ে ২০২১ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰিছিল। জীৱনী ১৯৫০ চনৰ ১৬ অক্টোবৰ তাৰিখে অন্ধ্ৰ প্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাৰ এলুৰুত দণ্ডমুদি সুমথি ৰাম মোহন ৰাওৰ জন্ম হৈছিল। তেওঁৰ পিতৃ শ্ৰী নিদুমোলু ৰাঘৱাইয়া আৰু শ্ৰীমতী নিদুমোলু ভেঙ্কটৰত্নম্মালৈ হৈছিল। মাত্ৰ ৬ বছৰ বয়সতে সুমথিয়ে তেওঁৰ দেউতাকৰ পৰা মৃদংগ বাদন শিকিছিল। তেওঁৰ পিতৃ এজন মৃদংগ বিদ্বান আছিল। তেওঁ প্ৰায়ে কন্যাক কনচাৰ্টলৈ লৈ গৈছিল আৰু আনদ্ব বাদ্যৰ প্ৰতি সুমথিৰ আগ্ৰহক সমৰ্থন কৰিছিল। সুমথিয়ে ১০ বছৰ বয়সত তেওঁৰ প্ৰথম প্ৰদৰ্শনেৰে আশ্চৰ্যজনক পৰিপক্বতা প্ৰদৰ্শন কৰিছিল। ১৯৬৪ চনত মৃদংগৰ প্ৰমাণপত্ৰ আৰু ডিপ্লোমা পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত তেওঁ প্ৰসিদ্ধ মৃদংগ বিদ্বান শ্ৰী দণ্ডমুদি ৰাম মোহন ৰাওৰ গুৰুকুলত প্ৰৱেশ লাভ কৰে। তেওঁ "পুদুক্কট্টাই সম্প্ৰদয়"ৰ আকাশবাণীৰ "এ-টপ" গ্ৰেড শিল্পী হিচাপে সমৃদ্ধি লাভ কৰিছিল। সুমথিয়ে তেওঁৰ গুৰুৰ পৰা বহুতো জটিল কৌশল শিকিছিল আৰু ভাৰতৰ বহুতো সন্মানীয় সভাত কলা প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ ২০০৩ চনত তেওঁৰ গুৰু শ্ৰী দণ্ডমুদি ৰাম মোহনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। সুমথিয়ে স্বামীৰ দৰে আকাশবাণীৰ "এ-টপ" গ্ৰেড শিল্পী হিচাপে পৰিগণিত হয়। তেওঁ শ্ৰেণীত অন্তৰ্ভুক্ত হোৱা তেওঁ প্ৰথম মহিলা মৃদংগ বাদক আছিল। এনেদৰে তেওঁলোক ভাৰতৰ একমাত্ৰ এ-টপ গ্ৰেড মৃদংগ বাদক দম্পতী হৈ পৰিছিল। তেওঁলোকে ভাৰত আৰু বিদেশত পৃথক পৰিচয়ৰ সৈতে মঞ্চত লয় বিন্যাসৰ কনচাৰ্টত প্ৰদৰ্শন আৰম্ভ কৰিছিল। সুমথিয়ে স্বামীৰ সৈতে একেলগে বহুতো কাৰ্যসূচী সম্প্ৰচাৰ কৰা হৈছিল। বাঁও আৰু সোঁফালে তেওঁ শ্ৰুতি আৰু লয়ত উৎকৃষ্ট ভাৰসাম্যৰ সৈতে শ্ৰুতিমধুৰ সংগীত বাদন কৰে। তেওঁ এম এছ চুব্বালক্ষ্মী, চিত্তুৰ সুব্ৰহ্মণ্যম পিল্লাই, ভোলেটি ভেঙ্কটেশ্বৰলু, ড॰ এম বালামুৰালী কৃষ্ণ, ভীমসেন যোশী, এম. চন্দ্ৰশেখৰন, ই.শংকৰ শাস্ত্ৰী, চিট্টি বাবু, এন. ৰমণি, মাণ্ডোলিন ইউ. শ্ৰীনিবাস আদিৰ দৰে বহুতো প্ৰতিষ্ঠিত শিল্পীৰ সৈতে মৃদংগত সংগত কৰিছিল। ২০০০ চনত তেওঁ আনদ্ব বাদ্য মৃদংগ প্ৰচাৰৰ বাবে "লয় বেদিকা" নামৰ এটা সংগঠন স্থাপন কৰে আৰু শিক্ষাৰ্থীসকলৰ বাবে প্ৰতিযোগিতা পৰিচালনা কৰিছিল আৰু বহুতো প্ৰখ্যাত বিদ্বানক "লয় প্ৰবীন" উপাধি প্ৰদান কৰিছিল। তেওঁ বহুতো পুৰস্কাৰ লাভ কৰিছে আৰু বহুতো সন্মানীয় সভাত সম্বৰ্ধনা লাভ কৰিছে। তেওঁ ২০১০ চনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত হৈছিল আৰু এই সন্মানীয় বঁটা লাভ কৰা একমাত্ৰ মহিলা মৃদংগ শিল্পীত পৰিগণিত হয়। তেওঁক ২০১৫ চনত অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ পৰা "উগাদি পুৰস্কাৰম"ৰে সন্মানিত কৰা হৈছিল। সংগীতৰ ক্ষেত্ৰত তেওঁৰ অসামান্য অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০২১ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। ব্যক্তিগত জীৱন বিজয়ৱাড়াত লগ পোৱাৰ পিছত সুমথিয়ে দণ্ডমুদি ৰাম মোহন ৰাওক বিয়া কৰায়। বঁটা আৰু সন্মান ১৯৭৪ আৰু ১৯৭৬ চনত দুবাৰকৈ মাদ্ৰাজ সংগীত একাডেমীৰ পৰা শ্ৰেষ্ঠ মৃদংগ বাদক বঁটা ১৯৮৫ চনত সংগীত একাডেমীৰ পৰা পালানি সুব্ৰহ্মণ্য পিল্লাই স্মাৰক পুৰস্কাৰ ২০০৫ চনত চেন্নাইৰ ভাৰতীয় ফাইন আৰ্টছ চচাইটিৰ পৰা শ্ৰেষ্ঠ মৃদংগ বাদক বঁটা ২০০৮ চনত আন্তৰ্জাতিক প্ৰকাশন গৃহ, নতুন দিল্লীৰ পৰা ভাৰতৰ শ্ৰেষ্ঠ নাগৰিক বঁটা ২০০৯ চনৰ বাবে সংগীত নাটক একাডেমী বঁটা ২০১৩ চনত চেন্নাইৰ গুৰুভায়ুৰ ডোৰাই ট্ৰাষ্টৰ পৰা গুৰুভায়ুৰ ডোৰাই ট্ৰাষ্ট বঁটা ২০১৫ চনত অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ পৰা উগাদি পুৰস্কাৰম ২০১৬ চনত বাংগালোৰৰ পাৰকুচিভ আৰ্টছ চেণ্টাৰৰ পৰা পালানি সুব্ৰহ্মণ্য পিল্লাই স্মাৰক বঁটা ২০২১ চনত পদ্মশ্ৰী সন্মানীয় উপাধিসমূহ মৃদংগ শিৰোমণি মৃদংগ মহাৰাণী নধ ভগীৰথ মৃদংগলয় বিদ্যাসাগৰ মৃদংগ বিন্যাস কলাভাৰতী সুনাদ সুধানিধি শ্ৰীমুখ মৃদংগ বিদ্যামণি তথ্য উৎস ভাৰতৰ ব্যক্তি জীৱিত ব্যক্তি বাদ্যযন্ত্ৰী পদ্মশ্ৰী বঁটা বিজয়ী সংগীত নাটক একাডেমী বঁটা
59040
https://as.wikipedia.org/wiki/%E0%A6%A7%E0%A7%B0%E0%A6%A3%E0%A7%80%20%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%A3
ধৰণী বৰ্মণ
ধৰণী বৰ্মন(১৯২৬ ২০১৭) অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী অভিনেতা, পৰিচালক আৰু প্ৰযোজক আছিল। নলবাৰী জিলাৰ চামতাত জন্ম গ্ৰহণ কৰা বৰ্মণে সুৰদেৱী থিয়েটাৰৰ জন্ম দিয়ে। চিৰাজ,চম্বলৰ অভিশাপ আদি নাটত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা বৰ্মণ সংগীত নাটক একাডেমী বঁটা লাভ কৰা ভ্ৰাম্যমাণৰ প্ৰথম ব্যক্তি। ২০০৪ চনত নেচনেল কালচাৰেল য়ুথ ফেষ্টিভেল কলিকতা আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে আয়োজন কৰা ফল্গু উৎসৱত তেওঁক মঞ্চসূৰ্য উপাধি প্ৰদান কৰা হয়। চমু জীৱনী ১৯২৬ চনৰ ৯ জানুৱাৰীত নলবাৰী জিলাৰ চামতাত ধৰণী বৰ্মণৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল জাতিৰাম বৰ্মন আৰু মাতৃ সুৰদেৱী বৰ্মণ। চামতা মিলন প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰা বৰ্মণে গুৱাহাটী কটন কলেজিয়েট হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেওঁ কলিকতাৰ ছিটি কলেজত নাম ভৰ্ত্তি কৰে যদিও সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত শিক্ষা অৰ্ধসমাপ্ত কৰি উভতি আহে। ১৯৪৯ চনত তেওঁ সৰ্থেবাৰীৰ অবলা ডেকাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। অভিনয় জীৱন ধৰণী বৰ্মণে প্ৰথমতে গুৱাহাটীৰ পাণবজাৰত দেউতাকৰ কাপোৰৰ দোকান ‘জে বৰ্মণ এণ্ড ছন্স’ত কৰ্মজীৱন আৰম্ভ কৰে যদিও পিছত নিজাকৈ কাঠৰ ব্যৱসায় আৰম্ভ কৰে। ১৯৫৩ চনত বৰ্মণৰ নেতৃত্বত ধৰ্মপুৰ শিল্পী সংঘ নামৰ এটি সাংস্কৃতিক অনুষ্ঠানৰ জন্ম হয়। সেই সময়ত পিয়লি ফুকন নাটত নাম ভূমিকাত অভিনয় কৰি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰে। ধৰ্মপুৰ শিল্পী সংঘই নিবেদন কৰা এই নাটখন নলবাৰী অঞ্চলত অনুষ্ঠিত হোৱা প্ৰথম টিকট কটা থিয়েটাৰ আছিল। ১৯৬০ চনত তেওঁ সদানন্দ লহকৰ প্ৰযোজিত নটৰাজ অপেৰাত নিয়মীয়া অভিনয় শিল্পী হিচাপে যোগদান দিয়ে। সেই নাট্যদলত থাকিয়ে তেওঁ কালাপাহাৰ, কুৰূক্ষেত্ৰৰ আগে, ভক্তৰ আহ্বান, ধৰ্মৰ বলি আদি নাটত অভিনয় কৰে। ১৯৬৩ চনত আৰম্ভ হোৱা অচ্যুত লহকৰৰ নটৰাজ থিয়েটাৰত বৰ্মণে ঘাই অভিনেতা হিচাপে কাম কৰে। প্ৰথম বৰ্ষত তেওঁ হাইদৰ আলী নাটত নাম ভূমিকাত, জেৰেঙাৰ সতী নাটত গদাপাণি আৰু ভোগজৰাত লক্ষ্মী সিংহৰ ভূমিকাত অভিনয় কৰে। ১৯৬৪ চনত ধৰণী বৰ্মণে মাতৃৰ স্মৃতিত সুৰদেৱী নাট্য সংঘ নামৰ নাট্যদলৰ জন্ম দিয়ে আৰু ১৯৬৬ চনত নাট্যদলটিক সুৰদেৱী থিয়েটাৰ নাম দি পূৰ্নাংগ থিয়েটাৰলৈ ৰূপান্তৰিত কৰা হয়। সুৰদেৱী থিয়েটাৰৰ প্ৰথমবৰ্ষত বিষ্ণু ৰাভাই পৰিচালক তথা অভিনেতা হিচাপে অংশগ্ৰহণ কৰিছিল। ১৯৭৬ চনত শিক্ষিত যুৱক-যুৱতীক সংস্থাপন দিবলৈ তেওঁ সুৰদেৱী শিল্পী তীৰ্থ গঠন কৰে। ১৯৭৯ চনত তেওঁৰ অভিভাৱকত্বত পুত্ৰ হিৰণ্য বৰ্মনৰ প্ৰযোজনাত বিষ্ণুজ্যোতি থিয়েটাৰৰ জন্ম হয়। ১৯৭৭ চনত পত্নী অবলা বৰ্মনৰ প্ৰযোজনাত অসমৰ প্ৰথম মহিলা ভ্ৰাম্যমাণ থিয়েটাৰ মুন থিয়েটাৰৰ জন্ম হয়। এই দলটিৰ নাট্যকাৰ-পৰিচালিকা আছিল পুষ্পা দেৱী। এই নাট্যদলটি এবছৰলৈহে কাৰ্যকৰী হৈ থাকে। ১৯৮৪ চনত পুত্ৰ ৰবীন দেৱবৰ্মণৰ প্ৰযোজনাত ৰংঘৰ নামৰ আন এটি নাট্যদল গঠন হয়। ১৯৯৬ চনত তেওঁ অসম নাট্য সন্মিলনৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। সেই বছৰতে অসম নাট্য সন্মিলনে নিৰ্মাণ কৰা সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা নামৰ টেলিনাটখনত তেওঁ এটা সৰু ভূমিকাত অভিনয় কৰে। সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে নিৰ্মাণ কৰা নৰকাসুৰ ছবিখনতো তেওঁ অভিনয় কৰে। ২০০৬ চনত অশীতিপৰ অৱস্থাত তেওঁ চামতাত চিৰাজ নাটত নাম ভূমিকাত অভিনয় কৰে। এই নাটখন ৰবীন্দ্ৰ ভৱনতো মঞ্চস্থ কৰা হয়। ২০০৭ চনত চিৰাজ নাটখন পুনৰ তেজপুৰৰ বাণ ৰঙ্গমঞ্চ, নলবাৰী আৰু চামতাত মঞ্চস্থ হয়। উল্লেখযোগ্য নাট ধৰণী বৰ্মণে অভিনয় কৰা কেইখনমান উল্লেখযোগ্য নাট হ'ল- চম্বলৰ অভিশাপ চিৰাজ পিয়লি ফুকন জেৰেঙাৰ সতী ৰঞ্জিত সিংহ ভক্তৰ আহ্বান ভোগজৰা সম্ৰাট অশোক হৰিশ্চন্দ্ৰ দেৱী অন্নপূৰ্ণা কালাপাহাৰ ৰক্ষকুমাৰ কোহিনুৰ কুৰূক্ষেত্ৰৰ আগে ধৰ্মৰ বলি কুশল কোঁৱৰ সামাজিক জীৱন অভিনয়ৰ উপৰিও ধৰণী বৰ্মণে বিভিন্ন সামাজিক দিশত অৰিহণা আগবঢ়াইছে। ১৯৫৩ চনত তেওঁৰ উদ্যোগত অসমৰ দ্বিতীয়খন মঞ্চবিহু চামতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয়। তদুপৰি স্বাধীনতা আন্দোলনৰ সময়ত বিষ্ণু ৰাভা, তৰুণ সেন ডেকা আদিৰে সৈতে তেওঁ চোতালে চোতালে সভা অনুষ্ঠিত কৰি মানুহক সজাগ কৰিছিল। আশীৰ দশকৰ বিদেশী বহিষ্কাৰ কৰা আন্দোলনতো তেওঁ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। চামতা অঞ্চলৰ বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠান যেনে কামৰূপ কলেজ, চামতা খণ্ড উন্নয়ন কাৰ্যালয় আদি নিৰ্মাণৰ বাবে তেওঁ ভূমি দান কৰিছিল। ১৯৮৫ চনত তেওঁ অসম গণ পৰিষদৰ সদস্য হৈ ধৰ্মপুৰৰ সমষ্টিৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁৰ নেতৃত্বত চামতাত বোমটিম নামৰ এটা ফুটবল দল গঠন হৈছিল। পিছলৈ এই দলটি বিজয় টিম নামেৰে বিখ্যাত হয়। মৃত্যু ২০১৭ চনৰ ২৮ জানুৱাৰীত তেওঁ মৃত্যুবৰণ কৰে। বঁটা আৰু সন্মান ২০০৬ চনত সংগীত নাটক একাডেমী বঁটা লাভ। এই বঁটা লাভ কৰা তেওঁ ভ্ৰাম্যমাণৰ প্ৰথম শিল্পী ২০০৪ চনত নেচনেল কালচাৰেল য়ুথ ফেষ্টিভেল,কলকাতা আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে আয়োজন কৰা ফল্গু উৎসৱত মঞ্চসূৰ্য উপাধি লাভ। ২০০৯ চনৰ ২৪ আগষ্টত নলবাৰী জিলা সাহিত্য সভাৰ পৰা নলবাৰী ৰত্ন উপাধি লাভ ২০১২ চনত অসম নাট্য সন্মিলনৰ পৰা শিল্পী সৈনিক ব্ৰজনাথ শৰ্মা বঁটা লাভ ২০১৫ চনত অসম চৰকাৰৰ পৰা সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা লাভ ২০১৬ চনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ পৰা ভবেন বৰুৱা বঁটা লাভ। লগত চাওক সুৰদেৱী থিয়েটাৰ তথ্য সূত্ৰ শ্ৰেণী অসমীয়া অভিনেতা শ্ৰেণী নলবাৰী জিলাৰ প্ৰসিদ্ধ ব্যক্তি সংগীত নাটক একাডেমী বঁটা বিজয়ী মৃত
50421
https://as.wikipedia.org/wiki/%E0%A6%A4%E0%A6%9B%E0%A6%B2%E0%A6%BF%E0%A6%AE%E0%A6%BE%20%E0%A6%A8%E0%A6%BE%E0%A6%9B%E0%A7%B0%E0%A6%BF%E0%A6%A8
তছলিমা নাছৰিন
তছলিমা নাছৰিন (জন্ম: ২৫ আগষ্ট ১৯৬২) এগৰাকী বাংলাদেশী চুইডিছ সাহিত্যিক আৰু চিকিৎসক। তেওঁ ১৯৯৪ চনৰ পৰা তেওঁ নিৰ্বাসনত আছে। বিংশ শতিকাৰ আশীৰ দশকত তেওঁ এগৰাকী উদয়ীমান কবি হিচাপে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। পিছলৈ তেওঁ নব্বৈ দশকত নাৰীবাদ আৰু ধৰ্মীয় সমালোচনামূলক ৰচনা আৰু উপন্যাসৰ বাবে আন্তৰ্জাতিক খ্যাতি লাভ কৰিছিল। ১৯৬২ চনৰ ২৫ আগষ্ট তাৰিখে মৈমনসিঙত তছলিমা নাছৰিনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ডাঃ ৰাজাব আলী আৰু মাতৃ এডুল আৰা। তেওঁৰ পিতৃ এগৰাকী বিখ্যাত চিকিৎসক আৰু মৈমনসিং চিকিৎসা মহাবিদ্যালয়, ছাৰ চালিমুল্লা চিকিৎসা মহাবিদ্যালয় আৰু ঢাকা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক আছিল। তছলিমায়েও চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰিল আৰু এগৰাকী চিকিৎসক হিচাপে নিজক প্ৰতিষ্ঠা কৰিছিল। প্ৰায় এটা দশক ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰাৰ পিছত ২০০৪ চনত তেওঁ ভাৰতলৈ আহে। তেওঁ কিছুদিন দিল্লীত বসবাস কৰিছিল যদিও ২০০৮ চনত তেওঁ তেওঁ ভাৰতৰ পৰাও গুচি যাবলগীয়া হয়। তেওঁ ৰচনা আৰু ব্যক্তব্যৰ মাজেৰে মুক্ত চিন্তা,নাস্তিকবাদ আৰু মানৱধিকাৰৰ বাৰ্তা প্ৰচাৰ কৰে। অজ্ঞাতবাসত থকা বাবে তেওঁ নিজৰ জন্মস্থানলৈ ঘূৰি যাব নোৱাৰে আৰু প্ৰায়ে ধৰ্মীয় মৌলবাদী সকলৰ পৰা মৃত্যুৰ ভাবুকি পায় থাকে। সাহিত্যিক জীৱন তেৰ বছৰ বয়সৰ পৰা তছলিমায়ে কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। কলেজত পঢ়ি থকা সময়ত ১৯৭৮ চনৰ পৰা ১৯৮৩ চনলৈ তেওঁ সেঁজুতি নামৰ এখন সাহিত্য পত্ৰিকা সম্পাদনা আৰু প্ৰকাশ কৰিছিল। ১৯৭৫ চনত বিভিন্ন পত্ৰিকা আদিত তছলিমাৰ কবিতা প্ৰকাশিত হৈছিল। ১৯৮৬ চনত শিকড়ে বিপুল ক্ষুধা নামৰ তেওঁৰ প্ৰথম কবিতা সংকলন প্ৰকাশিত হয়। ১৯৮৯ চনত নিৰ্বাসিত বাহিৰে অন্তৰে আৰু ১৯৯০ চনত আমাৰ কিছু যায় আসে না কাব্যগ্ৰন্থ প্ৰকাশিত হয়। এইসময়ত তছলিমায়ে ঢাকাৰ পৰা প্ৰকাশিত হোৱা নঈমুল ইছলাম খানৰ দ্বাৰা সম্পাদিত খবৰেৰ কাগজ নামৰ ৰাজনৈতিক সাপ্তাহিকীত নাৰী অধিকাৰৰ বিষয়ে লিখিবলৈ আৰম্ভ কৰে। তেওঁৰ কাব্যগ্ৰন্থ আৰু সংবাদপত্ৰৰ লেখাত নাৰী সকলৰ প্ৰতি মুছলমান মৌলবাদীৰ শোষণৰ কথা লিখাৰ বাবে ১৯৯০ চনত বাংলাদেশৰ মৌলবাদী সকলে এই কাকতৰ কাৰ্যালয় ভাঙি পেলায়। সেইসময়ত নিৰ্বাচিত কলাম নামৰ তেওঁৰ বিখ্যাত প্ৰবন্ধসংকলন প্ৰকাশিত হয় আৰু ইয়াৰ বাবে তেওঁ আনন্দ পুৰস্কাৰ লাভ কৰে। ১৯৯৩ চনত লজ্জা নামৰ তেওঁৰ পঞ্চম উপন্যাস প্ৰকাশিত হয়। এই উপন্যাসত বাংলাদেশৰ মুছলমানসকলৰ দ্বাৰা এক সংখ্যালঘু হিন্দু পৰিয়ালৰ ওপৰত কৰা অত্যাচাৰৰ বৰ্ণনা পোৱা যায়। ইয়াৰ বাবে একেবছৰৰ অক্টোবৰ মাহত কাউন্সিল অফ ইছলামিক চলজাৰ্ছ নামৰ এক মৌলবাদী সংগঠনে তেওঁৰ বিৰুদ্ধে ফতোৱা জাৰি কৰে। তছলিমা নাছৰিনৰ সাতখন আত্মজীৱনী গ্ৰন্থৰ অধিকাংশ ভাৰত আৰু বাংলাদেশত নিষিদ্ধ ঘোষণা কৰা হৈছে। আমাৰ মেয়েবেলা নামৰ তেওঁৰ প্ৰথম আত্মজীৱনীমূলক গ্ৰন্থত ইছলাম ধৰ্ম আৰু হজৰত মহম্মদৰ প্ৰতি বিতৰ্কিত মন্তব্যৰ কাৰণে ১৯৯৯ চনত বাংলাদেশ চৰকাৰৰ দ্বাৰা নিষিদ্ধ ঘোষিত হলেও ২০০০ চনত এই গ্ৰন্থৰ বাবে তেওঁ দ্বিতীয়বাৰৰ বাবে আনন্দ পুৰস্কাৰ লাভ কৰে। দেশত্যাগ ১৯৯৪ চনৰ মে মাহত দা ষ্টেটমেন বাতৰি কাকতৰ এক সাক্ষাৎকাৰত তেওঁ ইছলাম ধৰ্মীয় আইন শৰিয়াৰ অবলুপ্তিৰ মাধ্যম হিচাপে কোৰআন সংশোধনৰ ইচ্ছা প্ৰকাশ কৰে। ইয়াৰ ফলত ইছলামী মৌলবাদী সমূহে তেওঁৰ ফাঁচীৰ দাবী উত্থাপন কৰে। দেশজুৰি তেওঁৰ শাস্তিৰ দাবী তুলি সাধাৰণ ধৰ্মঘট পালন কৰা হয়। ইয়াৰ ফলত বাংলাদেশ চৰকাৰে তেওঁৰ বিৰুদ্ধে জনগণৰ ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ অভিযোগৰে এক গোচৰ ৰুজু কৰে আৰু জামিন অযোগ্য গ্ৰেপ্তাৰৰ আদেশ জাৰি কৰে। বিভিন্ন জনৰ আশ্ৰয়ত তিনিমাহমান লুকাই থকাৰ পিছত উচ্চ আদালতৰ নিৰ্দেশ মৰ্মে তেওঁৰ জামিন মঞ্জুৰ হয় আৰু তেওঁ বাংলাদেশ এৰিবলৈ বাধ্য হয়। তেতিয়াৰে পৰা তেওঁ নিৰ্বাসনত পৃথিৱীৰ বিভিন্ন দেশত বাস কৰি আছে। গ্ৰন্থ তালিকা চলচ্চিত্ৰ তছলিমা নাছৰিনৰ জীৱন ভিত্তিত চলচ্চিত্ৰ নিৰ্বাসন ২০১৪ চনত মুক্তি লাভ কৰিছিল। ২০১৫ চনত এই চলচ্চিত্ৰ খনে শ্ৰেষ্ঠ বঙালী ভাষাৰ ৬২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। বঁটা আৰু সন্মান তছলিমা নাছৰিনে তেওঁৰ উদাৰ আৰু মুক্তচিন্তাৰ মতবাদ প্ৰকাশ কৰাৰ বাবে দেশ-বিদেশৰ বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য হল আনন্দ সাহিত্য পুৰস্কাৰ, ১৯৯২ আৰু ২০০০ নাট্যসভা পুৰস্কাৰ, বাংলাদেশ, ১৯৯২ ইউৰোপীয়ান সংসদৰ শাখাৰ্ভ বঁটা, ১৯৯৪ ফ্ৰান্স চৰকাৰৰ মানৱধিকাৰ বঁটা, ১৯৯৪ ফ্ৰান্সৰ এডিক্ট অফ নান্তেছ পুৰস্কাৰ, ১৯৯৪ চুইডিছ আন্তৰ্জাতিক পেনৰ কাৰ্ট টুকোলস্কি বঁটা, ১৯৯৪ যুক্তৰাজ্যৰ হিউমেন ৰাইটছ ৱুয়াছৰ দ্বাৰা হেলমেন-হেমেট গ্ৰাণ্ট সন্মান, ১৯৯৪ নৰৱেৰ হিউমেন-এটিস্ক ফৰৱাৰ্ডৰ দ্বাৰা মানৱতাবাদী পুৰস্কাৰ, ১৯৯৪ তথ্য উৎস বাহ্যিক সংযোগ তছলিমা নাছৰিনৰ সাক্ষাৎকাৰ নাছৰিন"অভিব্যক্তিৰ অধিকাৰৰ বাবে" বাংলাদেশৰ ব্যক্তি ছুইডেনৰ ব্যক্তি বঙালী সাহিত্যিক সমাজকৰ্মী বাংলাদেশৰ
60527
https://as.wikipedia.org/wiki/%E0%A6%A7%E0%A7%8B%E0%A6%B2%E0%A6%BE%E0%A6%AD%E0%A7%80%E0%A6%A1%E0%A6%BC%E0%A6%BE
ধোলাভীড়া
ধোলাভীড়া গুজৰাটৰ কচ্ছ জিলাত অৱস্থিত এক পুৰাতাত্বিক ক্ষেত্ৰ। ক্ষেত্ৰখনৰ নামটো ১ কি:মি: দূৰত্বত অৱস্থিত একে নামৰ গাঁওখনৰ পৰা লোৱা হৈছে। স্থানীয়ভাৱে কটাড়া টিম্বা নামেৰে জনাজাত ধোলাভীড়াত সিন্ধু সভ্যতাৰ নগৰৰ ভগ্নাৱশেষ আছে। এই অঞ্চলটো সিন্ধু সভ্যতাৰ পাঁচখন বৃহত্তম ক্ষেত্ৰৰ অন্যতম আৰু ভাৰতত অৱস্থিত আটাইতকৈ গুৰুত্বপূৰ্ণ পুৰাতাত্বিক ক্ষেত্ৰসমূহৰ ভিতৰত এখন। বৰ্তমান ধ্বংসপ্ৰাপ্ত এই নগৰখনক সেই সময়ৰ এখন সৰ্বশ্ৰেষ্ঠ নগৰ হিচাপে গণ্য কৰা হয়। ধোলাভীড়া কচ্ছৰ ৰাণ অঞ্চলৰ কচ্ছ মৰুভূমি বণ্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত খাদিৰ বেট দ্বীপত অৱস্থিত। এই ঐতিহাসিক চতুৰ্ভূজাকাৰ নগৰখন উত্তৰে মানচৰ আৰু দক্ষিণে মানহাৰ নামৰ দুটা সুঁতিৰ মাজত প্ৰায় ৪৭ হেক্টৰ (১২০ একৰ) অঞ্চল জুৰি বিস্তৃত হৈ আছে। পূৰ্বতে অনুমান কৰা মতে এই ঠাইখণ্ডত খ্ৰী:পূ: ২৬৫০-ৰ পৰা খ্ৰী:পূ:১৪৫০-লৈকে মানৱ অধিকৃত নগৰ আছিল যদিও শেহতীয়া গৱেষণা অনুযায়ী এই সময়সীমা খ্ৰী:পূ: ৩৫০০-ৰ পৰা (প্ৰাক হৰপ্পা) খ্ৰী:পূ:১৮০০ (শেষ হৰপ্পাৰ প্ৰথমভাগ) হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। ১৯৬৭-৬৮ চনত ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণৰ জে পি যোশীয়ে এই ঠাইখণ্ড আৱিষ্কাৰ কৰে। আকাৰৰ ভিত্তিত ই সিন্ধু সভ্যতা বা হৰপ্পা সভ্যতাৰ ৮খন প্ৰধান ক্ষেত্ৰৰ মাজত পঞ্চম। ১৯৯০ চনৰ পৰাই ধোলাভীড়াত ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণৰ দ্বাৰা খননকাৰ্য চলাই থকা হৈছে। ধোলাভীড়াই সিন্ধু সভ্যতাৰ বৈশিষ্ট্যত এক নতুন দিশ প্ৰদান কৰিছে বুলি সংস্থাটোৱে মত প্ৰকাশ কৰে হৰপ্পা সভ্যতাৰ এতিয়ালৈকে আৱিষ্কৃত প্ৰধান ক্ষেত্ৰসমূহৰ ভিতৰত হৰপ্পা, মহেঞ্জোদাৰো, গনেৰিৱালা, ৰাখীগাঢ়ী, কালিবংগন, ৰূপনগৰ আৰু লোথালেই প্ৰধান। ২০২১ বৰ্ষৰ ২৭ জুলাই তাৰিখে ধোলাভীড়াক ইউনেস্ক'ৱে বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকাভুক্ত কৰে৷ সময়ৰেখা শেহতীয়াকৈ গৱেষণাৰ পৰা পোৱা তথ্য অনুযায়ী প্ৰথম দুটা স্তৰক প্ৰাক-হৰপ্পান ধোলাভীড়াৰ সংস্কৃতি বুলি কোৱা হৈছে আৰু সময়ৰেখাডালক নতুনকৈ সজোৱা হৈছে। খননকাৰ্য ১৯৮৯ চনত ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণে ধোলাভীড়াৰ খননকাৰ্য আৰম্ভ কৰে আৰু ১৯৯০ চনৰ পৰা ২০০৫ চনলৈকে ১৩টা ক্ষেত্ৰ খনন চলোৱা হয়। এই খননসমূহে প্ৰাচীন ভাৰতৰ নগৰ পৰিকল্পনা আৰু স্থাপত্যশৈলীক উন্মোচন কৰাৰ লগতে সোণ-ৰূপ, জন্তুৰ হাড় আৰু পোৰামাটিৰ অলংকাৰ, মাটি আৰু ব্ৰঞ্জৰ পাত্ৰ আদি সামগ্ৰী উদ্ধাৰ কৰে। পুৰাতত্ত্ববিদসকলৰ মতে এই অঞ্চলটো এক গুৰুত্বপূৰ্ণ বাণিজ্য কেন্দ্ৰ আছিল। সভ্যতা আৰু সংস্কৃতি স্থাপত্য আৰু অন্য কাৰুকাৰ্য আনুমানিক বন্দৰ-নগৰী লোথালতকৈ পুৰণি ধোলাভীড়া চতুৰ্ভূজ আকৃতিৰ আৰু ই ২২ একৰ (৫৪ একৰ) জুৰি বিস্তৃত। এই অঞ্চলটো দীঘলে ৭৭.১ মিটাৰ (২,৫৩০ ফুট) আৰু বহলে ৬১৬.৮৫ মিটাৰ (২,০২৩.৮ ফুট)। হৰপ্পা আৰু মহেঞ্জোদাৰোৰ স্থাপত্যশৈলীৰ বিপৰীতে ধোলাভীড়া এক পূৰ্ব-প্ৰতিষ্ঠিত জ্যমিত্যিক নক্সাৰ ওপৰত নিৰ্মিত। এই তিনিখলপীয়া নক্সাখন দুৰ্গ, মধ্যৱৰ্তী নগৰাঞ্চল আৰু নামনি নগৰাঞ্চলত ভাগ কৰা হৈছে। দুৰ্গ আৰু মধ্যৱৰ্তী নগৰাঞ্চলৰ নিজস্ব সুৰক্ষা ব্যৱস্থা, তোৰণ, ঘৰ-দুৱাৰ, বাটপথ, নাদ আৰু মুকলি ঠাই আছিল। দুৰ্গৰ এলেকাটোৱেই আছিল নগৰখনৰ আটাইতকৈ সুৰক্ষিত আৰু জটিল ঠাই আৰু ই নগৰৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত আছিল। সুউচ্চ দুৰ্গটো দুতৰপীয়া প্ৰাচীৰেৰে ঘেৰা আছিল। ইয়াৰ পিছতে উচ্চপদস্থ বিষয়াসকলৰ আবাস আছিল আৰু এই অঞ্চলক কোৱা হৈছিল 'বেইলী'। সাধাৰণ সুৰক্ষা বেষ্টনীৰে আৱৰা অঞ্চলৰ মাটিকালি আছিল ৪৮ হেক্টৰ (১২০ একৰ)। ইয়াৰ উপৰিও বেষ্টনীৰ বাহিৰত অতিৰিক্ত কিছুমান স্থাপত্য থকা অঞ্চল আছিল যিবোৰ মূল নগৰৰ অবিচ্ছেদ্য অংগ আছিল। দেৱালৰ বাহিৰতো অন্য এক আবাসিক স্থল পোৱা গৈছে। সিন্ধু সভ্যতাৰ অন্য নগৰসমূহৰ ইটাৰ গাঁঠনিৰ বিপৰীতে এই নগৰখনৰ প্ৰধান বৈশিষ্ট্য হৈছে শিলেৰে নিৰ্মিত ইয়াৰ অট্টালিকাসমূহ। জলাশয় ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণৰ মতে ধোলাভীড়াৰ হৰপ্পানসকলে বিকশিত কৰা জল সংৰক্ষণ, আহৰণ আৰু মজুতকৰণ পদ্ধতিয়ে খ্ৰীষ্টপূৰ্ব তৃতীয় সহস্ৰাব্দতে ব্যৱহৃত তেওঁলোকৰ উচ্চমানৰ জল সম্পৰ্কীয় আভিযান্ত্ৰিক প্ৰযুক্তিৰ কথাকে সূচায়। প্ৰাচীন বিশ্বৰ ভিতৰতে সম্পূৰ্ণকৈ শিলেৰে বন্ধা প্ৰথম জল মজুতকৰণৰ কৃত্ৰিম ব্যৱস্থা নগৰখনৰ অন্যতম বৈশিষ্ট্য। নগৰখনৰ বৃহৎ চৌবাচ্চাসমূহৰ ভিতৰৰে প্ৰথমাৱস্থাত তিনিটা আৱিষ্কাৰ কৰা হয়। এইকেইটা বৰষুণৰ অথবা কাষৰীয়া সুঁতি দুটাৰ পৰা বোৱাই অনা পানী সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। কচ্ছৰ মৰুময় জলবায়ুৰ বাবে কেইবাবছৰো ধৰি বৰষুণ নোহোৱাৰ সম্ভাৱনাৰ কাৰণেই এই ব্যৱস্থা কৰা হৈছিল। মানচৰ আৰু মানহাৰ নামৰ সুঁতি দুটাতো মাজে-সময়ে বান্ধ দি পানী অনা হৈছিল। ১৯৯৮ চনত চতুৰ্থটো চৌবাচ্চা আৱিষ্কাৰ কৰা হৈছে। তৃতীয় স্তৰ অৰ্থাৎ ২৫০০-২২০০ খ্ৰীষ্টপূৰ্বৰ ভিতৰত ধোলাভীড়াৰ আবাসীসকলে অতি কমেও ১৬টা চৌবাচ্চা নিৰ্মাণ কৰিছিল। এইসমূহ শিলত পথালিকৈ কাটি উলিওৱা হৈছিল আৰু এইবোৰ প্ৰায় ৭ মিটাৰ (২৩ ফুট) গভীৰ আৰু ৭৯ মিটাৰ (২৫৯ ফুট) দীঘল আছিল। এই চৌবাচ্চাসমূহ মাটিৰ পৃষ্ঠৰ পৰা ওখ ঠাইত স্থাপন কৰা হৈছিল। এই ঠাইত পানী চৌবাচ্চালৈ বোৱাই আনিবলৈ ব্যৱহাৰ কৰা শিলৰ নলৰ সৈতে সংযোগী এটা বৃহৎ নাদো পোৱা গৈছে। স্নানাগাৰসমূহত তললৈ নামি যোৱা খটখটী আছিল। ২০১৪ চনৰ অক্টোবৰ মাহত ৭৩.৮ মিটাৰ দৈৰ্ঘ্য আৰু ১০ মিটাৰ গভীৰতাৰ এটা নাদৰ খনন কাৰ্য আৰম্ভ হয় আৰু এই নাদটো মহেঞ্জোদাৰোৰ বৃহৎ স্নানাগাৰটোতকৈ প্ৰায় তিনিগুণ ডাঙৰ। ছীল-মোহৰ ধোলাভীড়াত উদ্ধাৰ হোৱা তৃতীয় স্তৰটোত নিৰ্মিত ছীল-মোহৰসমূহৰ কিছুমানত কেৱল জন্তুৰ প্ৰতিচ্ছবি পোৱা যায়। ইয়াত কোনোধৰণৰ চিহ্ন বা লিপি অংকিত নাই। অন্যান্য স্থাপত্য আৰু সামগ্ৰী ধোলাভীড়াত আৱিষ্কৃত এক ঘূৰণীয়া চকাৰ আকৃতিৰ স্থাপত্য এটাক সমাধি বা স্মাৰক বুলি ধাৰণা কৰা হৈছে। অৱশ্যে ইয়াত মানৱ কংকাল বা অন্য দেহাৱশেষ পোৱা হোৱা নাই। পূবৰ প্ৰৱেশদ্বাৰত উত্থিত পুৰুষাংগ আৰু মূৰ তথা আঁঠুৰ তলছোৱা নথকা এক প্ৰতিমূৰ্তিৰ লগতে মাটিৰ পাত্ৰৰ টুকুৰা, টেৰাকোটাৰ ছীল-মোহৰ, খাৰু, আঙুঠি, মণি আৰু নক্সা খোদিত অন্যান্য সামগ্ৰী পোৱা গৈছে। ঠাইখণ্ডত আৱিষ্কৃত অৰ্ধগোলাকাৰ স্থাপত্য এটাৰ সৈতে বৌদ্ধস্তুপৰ সাদৃশ্য দেখা যায়। ভাষা আৰু লিপি হৰপ্পানসকলৰ কথিত ভাষা অজ্ঞাত আৰু এতিয়ালৈকে (২০২০) তেওঁলোকৰ লিপিৰ পাঠোদ্ধাৰ হোৱা নাই। সম্ভৱতঃ তেওঁলোকৰ প্ৰায় চাৰিশমান প্ৰধান চিহ্নৰ লগতে এইসমূহৰ ভিন্নতাও আছিল। এই চিহ্নসমূহ আখৰ বা উচ্চাৰণ দুয়োটাৰে হোৱাৰ সম্ভাৱনা দেখা যায়। বাক্যসমূহ সোঁফালৰ পৰা বাওঁফাললৈ লিখা হৈছিল। লেখাসমূহ ঘাইকৈ ছীল-মোহৰসমূহত পোৱা গৈছে। কিছু লেখনি তামৰ ফলি, ব্ৰঞ্জৰ পাত, পোৰামাটিৰ সামগ্ৰী, শিল, পাত্ৰ আদিতো পোৱা গৈছে। ছীলসমূহ বেহা-বেপাৰ তথা প্ৰশাসনিক কাম-কাজত ব্যৱহাৰ হৈছিল। হৰপ্পানসকলে জিপছাম (খনিজ) ব্যৱহাৰ কৰি নামফলক লিখিছিল। ধোলাভীড়াৰ উত্তৰৰ প্ৰৱেশপথত উদ্ধাৰ হোৱা কাঠৰ নামফলকে এই কথাকে সূচায়। এসময়ত এই ফলক নষ্ট হয় যদিও আখৰৰ সজ্জাসমূহ থাকি যায়। উক্ত স্থানত উদ্ধাৰ হোৱা বালিশিলাত খোদিত লিপিক হৰপ্পা সভ্যতাৰ বালিশিলাত খোদিত লিপিৰ প্ৰথমটো উদাহৰণ হিচাপে গণ্য কৰা হয়। তথ্য সংগ্ৰহ সিন্ধু সভ্যতা ভাৰতৰ পুৰাতাত্বিক ক্ষেত্ৰ ভাৰতৰ বিশ্ব ঐতিহ্যবাহী
81125
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%A8%E0%A6%BE%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%B0%20%E0%A6%A8%E0%A6%BF%E0%A6%B7%E0%A7%87%E0%A6%A7%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE
অনাচাৰৰ নিষেধাজ্ঞা
অনাচাৰৰ নিষেধাজ্ঞা হ’ল এনে এক সাংস্কৃতিক নিয়ম বা নীতি যিয়ে একেটা পৰিয়ালৰ কিছুমান সদস্যৰ মাজত, মূলতঃ তেজৰ দ্বাৰা সম্পৰ্কিত ব্যক্তিৰ মাজত যৌন সম্পৰ্ক নিষিদ্ধ কৰে। সকলো মানৱ সংস্কৃতিতে এনে নীতি-নিয়ম আছে যিয়ে উপযুক্ত বা অনুমোদিত যৌন বা বিবাহ সংগী বুলি গণ্য কৰাসকলৰ পৰা কিছুমান ঘনিষ্ঠ আত্মীয়ক বাদ দিয়ে, যাৰ ফলত এনে সম্পৰ্ক নিষিদ্ধ হৈ পৰে। কিন্তু যৌন সংগী হিচাপে কোনবোৰ তেজৰ সম্পৰ্ক অনুমোদিত আৰু কোনবোৰ নহয় সেই সম্পৰ্কে সংস্কৃতিৰ মাজত বিভিন্ন নীতি-নিয়ম বিদ্যমান। সম্পৰ্কীয় ব্যক্তিৰ মাজত যিবোৰ যৌন সম্পৰ্ক নিষেধাজ্ঞাৰ অধীনত থাকে, সেইবোৰক অনাচাৰ সম্পৰ্ক বোলা হয়। কিছুমান সংস্কৃতিত কোনো ধৰণৰ অনুসন্ধানযোগ্য জৈৱিক সম্পৰ্ক নাথাকিলেও বংশ-সদস্যৰ মাজত যৌন সম্পৰ্ক নিষিদ্ধ কৰা হয়, আনহাতে জৈৱিক সম্পৰ্কৰ অস্তিত্ব নিৰ্বিশেষে আন বংশৰ সদস্যৰ অনুমতি দিয়া হয়। বহু সংস্কৃতিত কিছুমান বিশেষ ধৰণৰ বংশ-সদস্যৰ সম্পৰ্কক যৌন আৰু বৈবাহিক সংগী হিচাপে পছন্দ কৰা হয়, আনহাতে আন কিছুমানত এইবোৰ নিষিদ্ধ। কিছুমান সংস্কৃতিত পেহী/মামা আৰু ভতিজা/ভতিজীৰ মাজত যৌন আৰু বৈবাহিক সম্পৰ্কৰ অনুমতি দিয়া হয়। কিছুমান ক্ষেত্ৰত ভাই–ভনীৰ বিবাহৰ প্ৰথা অভিজাত শ্ৰেণীৰ মাজত প্ৰচলিত হৈ আহিছে। অভিভাৱক–সন্তান আৰু ভাই-ভনীৰ মাজত এনে সম্পৰ্ক প্ৰায় সৰ্বজনীনভাৱে নিষিদ্ধ। উৎপত্তি অনাচাৰৰ নিষেধাজ্ঞাৰ উৎপত্তি সম্পৰ্কে থকা বিতৰ্কত এটা প্ৰশ্ন উত্থাপন হয় যে, ই প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি কৰা হৈছে নে লালন-পালনৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। এটা ব্যাখ্যাই অনাচাৰ নিষেধাজ্ঞাক যৌন সংগীৰ প্ৰতি জৈৱিকভাৱে বিকশিত হোৱা পছন্দৰ সাংস্কৃতিক ৰূপায়ণ হিচাপে লয়, যাৰ সৈতে জিন বিনিময়ৰ সম্ভাৱনা নাই কাৰণ অন্তৰ্প্ৰজননৰ ক্ষতিকাৰক ফলাফল হ’ব পাৰে। আটাইতকৈ বেছি প্ৰচলিত অনুমান অনুসৰি তথাকথিত ৱেষ্টাৰমাৰ্ক প্ৰভাৱে প্ৰাপ্তবয়স্কসকলক তেওঁলোকৰ সৈতে ডাঙৰ হোৱা ব্যক্তিৰ সৈতে যৌন সম্পৰ্ক স্থাপনৰ পৰা নিৰুৎসাহিত কৰে। ৱেষ্টাৰমাৰ্ক ইফেক্টৰ অস্তিত্বই কিছু অভিজ্ঞতাভিত্তিক সমৰ্থন লাভ কৰিছে। গৱেষণা আধুনিক নৃতত্ত্বৰ বিকাশ এনে এটা সময়ত হৈছিল যেতিয়া বহুতো মানৱ সমাজ নিৰক্ষৰ আছিল, আৰু অনাচাৰৰ নিষেধাজ্ঞাৰ ওপৰত বহু গৱেষণা আইনী সংহিতা নাছিল। সেয়েহে, বিবাহ আৰু অনাচাৰ সম্পৰ্কীয় লিখিত আইন নথকা সমাজত এনে সম্পৰ্ক সংঘটিত হৈছিল। তথাপিও নৃতত্ত্ববিদসকলে বিবাহৰ প্ৰতিষ্ঠান, আৰু উপযুক্ত-অনুপযুক্ত যৌন আচৰণ সম্পৰ্কীয় নিয়মসমূহ প্ৰতিখন সমাজতে বিদ্যমান বুলি বিবেচনা কৰিছে। নৃতত্ত্ববিদসকলে সামাজিক নীতি-নিয়ম আৰু প্ৰকৃত সামাজিক আচৰণৰ মাজত পাৰ্থক্য ৰাখে; বহুতো সামাজিক তত্ত্বই দুয়োটাৰ মাজৰ পাৰ্থক্য আৰু সম্পৰ্কৰ সন্ধান কৰে। ইয়াৰ উপৰিও এই তত্ত্বসমূহত নৃতত্ত্ববিদসকলে সাধাৰণতে কেৱল ভাতৃ–ভগ্নীৰ অনাচাৰৰ প্ৰতিহে চিন্তিত, আৰু তেওঁলোকে দাবী কৰা নাই যে পৰিয়ালৰ সদস্যসকলৰ মাজত হোৱা সকলো যৌন সম্পৰ্কক নিষিদ্ধ বা আনকি সেই সমাজে অনাচাৰী বুলিও গণ্য কৰাটো বাধ্যতামূলক। এই তত্ত্বসমূহ আৰু জটিল হৈ উঠে যেতিয়া বহু সমাজত ইজনে সিজনৰ লগত বিভিন্ন ধৰণে, আৰু কেতিয়াবা দূৰৈৰ পৰা সম্পৰ্ক স্থাপন কৰা মানুহক একেলগে ভাই-ভনী হিচাপে শ্ৰেণীভুক্ত কৰা হয় তথা আন যিসকলৰ জিনীয়ভাৱে ঠিক তেনেদৰেই ঘনিষ্ঠ সম্পৰ্ক আছে তেওঁলোকক পৰিয়ালৰ সদস্য বুলি গণ্য কৰা নহয়। তদুপৰি অনাচাৰৰ সংজ্ঞাটোৱে নিজকে যৌন সম্পৰ্কত সীমাবদ্ধ কৰি ৰাখিছে; ইয়াৰ অৰ্থ এইটো নহয় যে অন্য ধৰণৰ যৌন সংস্পৰ্শ নহয়, বা নিষিদ্ধ কৰা হয়, বা অনুমতি প্ৰদান কৰা হয়। উদাহৰণস্বৰূপে, আৰ্কটিকৰ কিছুমান ইনুইট সমাজত আৰু পৰম্পৰাগতভাৱে বালিত মাতৃসকলে নিয়মিতভাৱে নিজৰ কেঁচুৱা পুত্ৰৰ লিংগত আঘাত কৰিছিল; এনে আচৰণক স্তনপান কৰাতকৈ বেছি যৌন গন্ধী নহয় বুলি গণ্য কৰা হৈছিল। ট্ৰ'ব্ৰিয়াণ্ড দ্বীপপুঞ্জৰ লোকসকলে এগৰাকী মহিলা আৰু তেওঁৰ ভাতৃৰ মাজত আৰু এগৰাকী মহিলা আৰু তেওঁৰ পিতৃৰ মাজত যৌন সম্পৰ্ক দুয়োটাকে নিষিদ্ধ কৰে, কিন্তু তেওঁলোকে এই নিষেধাজ্ঞাসমূহক অতি বেলেগ ধৰণে বৰ্ণনা কৰিছে: এগৰাকী মহিলা আৰু তেওঁৰ ভাতৃৰ মাজৰ সম্পৰ্ক নিষিদ্ধ শ্ৰেণীৰ ভিতৰত পৰে যদি এই সম্পৰ্ক একেটা বংশৰ সদস্যৰ মাজত গঢ় লয়, কিন্তু এগৰাকী মহিলা আৰু তেওঁৰ পিতৃৰ মাজৰ সম্পৰ্ক নিষিদ্ধ নহয়। কাৰণ ট্ৰ’ব্ৰিয়াণ্ডাৰ সকল মাততান্ত্ৰিকৃ; ইয়াত সন্তান সকলক মাতৃ বংশৰ বুলি ধৰা হয়। পিতৃৰ নহয়। এইদৰে এজন পুৰুষ আৰু তেওঁৰ মাকৰ ভনীয়েক (আৰু মাকৰ ভনীয়েকৰ ছোৱালী)ৰ মাজত হোৱা যৌন সম্পৰ্ককো অনাচাৰী বুলি গণ্য কৰা হয়, কিন্তু এজন পুৰুষ আৰু তেওঁৰ পিতৃৰ ভনীয়েকৰ মাজৰ সম্পৰ্কক এনেদৰে ভবা নহয়। এজন পুৰুষ আৰু তেওঁৰ পিতৃৰ ভনীয়েকৰ মাজত প্ৰায়ে ধেমেলীয়া সম্পৰ্ক থাকিব পৰে। ট্ৰ'ব্ৰিয়াণ্ড সমাজে এজন পুৰুষ আৰু তেওঁৰ পিতৃৰ ভনীয়েক বা তেওঁৰ পিতৃৰ ভনীয়েকৰ কন্যাৰ সৈতে যৌন সম্পৰ্ক স্থাপন বা বিয়া কৰাবলৈ উৎসাহিত কৰে। তথ্যসূত্ৰ
82108
https://as.wikipedia.org/wiki/%E0%A6%9F%E0%A7%81%E0%A6%87%E0%A6%9F%E0%A6%BE%E0%A7%B0%E0%A7%87%E0%A6%9A%E0%A6%BE%E0%A7%B0
টুইটাৰেচাৰ
টুইটাৰেচাৰ টুইটাৰ আৰু সাহিত্য শব্দৰ মিশ্ৰণ) হৈছে টুইটাৰৰ মাইক্ৰ’ব্লগিং সেৱাৰ সাহিত্যিক ব্যৱহাৰ। ইয়াত ব্যক্তিগতভাৱে বা সহযোগিতামূলকভাৱে লিখা এফোৰিজম, কবিতা, আৰু কল্পকাহিনী (বা ইয়াৰ কিছুমান সংমিশ্ৰণ)কে ধৰি বিভিন্ন ধাৰা অন্তৰ্ভুক্ত কৰা হৈছে। ২০১৭ চনৰ শেষৰ ফালে টুইটাৰে ১৪০টা আখৰৰ সীমাবদ্ধতাৰ পৰা উন্নীত কৰি সৰ্বোচ্চ ২৮০টা আখৰলৈ বঢ়াই দি এটা সৃষ্টিশীল প্ৰত্যাহ্বান প্ৰদান কৰে। ধাৰাসমূহ এফোৰিজম এফোৰিজমৰ জনপ্ৰিয়তাৰ কাৰণ হৈছে ইয়াৰ সংক্ষিপ্ততা টুইটাৰৰ বাবে সহজাতভাৱে উপযুক্ত। মানুহে প্ৰায়ে টুইটাৰত সুপৰিচিত ক্লাছিক এফোৰিজম শ্বেয়াৰ কৰে, কিন্তু কিছুমানে প্ৰতিটো ধাৰণাযোগ্য বিষয়ৰ ওপৰত নিজৰ চমু অন্তৰ্দৃষ্টিও তৈয়াৰ কৰিবলৈ আৰু শ্বেয়াৰ কৰিবলৈ বিচাৰে। বয়িং বয়িঙে এৰন হাস্পেলৰ নতুন এফোৰিজমৰ উদ্ধৃতি দি টুইটাৰক "এফোৰিজমৰ নতুন যুগ"ক উৎসাহিত কৰা বুলি অভিহিত কৰিছে। কবিতা হাইকু হৈছে টুইটাৰৰ বাবে উপযুক্ত এক চমু কাব্যিক ৰূপ; হেচটেগ ব্যৱহাৰ কৰি বহুতো উদাহৰণ পোৱা যাব। অন্য ধৰণৰ কবিতা আন হেচটেগৰ অধীনত বা জাৰ্নেল বা কবিতাৰ বাবে নিজৰ টুইটাৰ একাউণ্ট ব্যৱহাৰ কৰা লোকসকলক "ফ'ল' কৰি" বিচাৰি পাব পাৰি। উদাহৰণস্বৰূপে, ছুইডেনৰ কবি আৰু সাংবাদিক গ’ৰান গ্ৰেইডাৰে সোঁফালে থকা উদাহৰণটোত দেখুওৱাৰ দৰে টুইটাৰ হেণ্ডেল ব্যৱহাৰ কৰি পৰ্যবেক্ষণ আৰু কবিতা টুইট কৰে। কল্পকাহিনী টুইটাৰ কল্পকাহিনী ১৪০টা শব্দৰ গল্প, ফেন ফিকচন, ক্লাছিক আৰু কিংবদন্তিৰ পুনৰ কথন, টুইটাৰ উপন্যাস, আৰু সহযোগিতামূলক ৰচনা আদি অন্তৰ্ভুক্ত কৰা হৈছে। টুইটাৰ কল্পকাহিনী বিশেষ ধাৰাসমূহক বৰ্ণনা কৰিবলৈ "টুইটিং" আৰু "টুইট ফিক" (টুইটাৰ ফিকচন), "টুইলাৰ" (টুইটাৰ থ্ৰিলাৰ), আৰু "ফ্ৱিটিং" (ফেক টুইটিং) শব্দ দুটাও আছে। ১৪০টা চৰিত্ৰৰ গল্প: এটা টুইটৰ বাবে যথেষ্ট হোৱা কল্পকাহিনী। এই গল্পসমূহৰ উদাহৰণ হ'ল জেমছ মাৰ্ক মিলাৰ শ্বেন হিল আৰু অৰ্জুন বাসু দ্বাৰা লিখা গল্পসমূহ। কেইবাখনো টুইটাৰ জাৰ্নেলে এই প্ৰপত্ৰৰ বাবে নিজকে উৎসৰ্গা কৰিছে। ২০১৩ চনত দ্য গাৰ্ডিয়ানে জেফ্ৰি আৰ্চাৰ আৰু ইয়ান ৰেংকিনৰ দৰে পৰম্পৰাগতভাৱে প্ৰকাশিত লেখকসকলক তেওঁলোকৰ ১৪০টা চৰিত্ৰৰ গল্প লিখিবলৈ প্ৰত্যাহ্বান জনায়, আৰু তাৰ পিছত তেওঁলোকৰ প্ৰচেষ্টাসমূহ প্ৰদৰ্শন কৰে। ফেন ফিকচন: টুইটাৰ একাউণ্ট যিবোৰ ছবি, টিভি ধাৰাবাহিক, আৰু কিতাপৰ চৰিত্ৰৰ বাবে তৈয়াৰ কৰা হৈছে। এই বিৱৰণীবোৰৰ কিছুমানে মূল ৰচনাবোৰৰ পৰিঘটনাবোৰক আৰম্ভণিৰ বিন্দু হিচাপে লয়, আনহাতে আন কিছুমানে ফেন ফিকচন হিচাপে বিভাজন কৰে। সাহিত্যিক ক্লাছিক আৰু কিংবদন্তি টুইটাৰত সাহিত্যিক ক্লাছিক আৰু কিংবদন্তিসমূহ পুনৰ কোৱা হয়, এই প্ৰক্ৰিয়াটো হয় পাৰস্পৰিক ক্ৰিয়া-কলাপৰ দ্বাৰা চৰিত্ৰসমূহৰ টুইট নতুবা টুইট ফৰ্মেটত প্ৰায়ে আধুনিক ভাষাত প্ৰতীকী শব্দৰ ব্যৱহাৰ কৰি টুইট কৰা হয়। উদাহৰণস্বৰূপে, ২০১০ চনত ৰাব্বিৰ এটা দলে হেচটেগৰে এক্সোডাছ আৰু ২০১১ চনত ৰয়েল শ্বেক্সপীয়েৰ কোম্পানী আৰু ইংৰাজী গেম কোম্পানী মাডলাৰ্কে ৰোমিঅ' আৰু জুলিয়েটৰ কাহিনী টুইট কৰিছিল। ২০০৯ চনত আলেকজেণ্ডাৰ এচিমেন আৰু এমেট ৰেনচিনে টুইটাৰেচাৰ: দ্য ৱৰ্ল্ডছ গ্ৰেটেষ্ট বুকছ ৰিটল্ড থ্ৰু টুইটাৰ প্ৰকাশ কৰে। লেখক চিন্দু শ্ৰীধৰণৰ এপিক্ৰেটল্ড এই ধাৰাটোৰ আন এক উদাহৰণ। নিউ ইণ্ডিয়ান এক্সপ্ৰেছে ইয়াক “সকলো মহাকাব্যৰ মাতৃ মহাভাৰতক মাইক্ৰ’ব্লগিং চাইট টুইটাৰত প্ৰকাশ কৰাৰ এক সাহসী প্ৰচেষ্টা” বুলি অভিহিত কৰিছে। ইয়াক ৰ পৰা টুইট কৰা হৈছে, আৰু পৰৱৰ্তী সময়ত হাৰ্পাৰকলিন্স ইণ্ডিয়াৰ দ্বাৰা পূৰ্ণদৈৰ্ঘ্যৰ কিতাপ হিচাপে প্ৰকাশ কৰা হৈছে, এই কাহিনীটো ২০০৯ চনৰ জুলাই মাহৰ পৰা ২০১৪ চনৰ অক্টোবৰৰ ভিতৰত ২,৬২৮টা টুইটত বৰ্ণনা কৰা হৈছিল। টাইমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শ্ৰীধৰণে কয় যে ই দীঘলীয়া মহাকাব্যখন সৰল কৰি নতুন প্ৰজন্মৰ বাবে সুলভ কৰি তোলাৰ প্ৰয়াস কৰা হৈছে—ভাৰত আৰু বিদেশ উভয়তে। টুইটাৰ উপন্যাস (বা টুভেল) হৈছে আন এক প্ৰকাৰৰ কল্পকাহিনী যিটো কেইবাশ টুইটৰ ওপৰত বিস্তৃত কৰি দীঘলীয়া কাহিনী এটাক বৰ্ণনা কৰিব পাৰে। টুইটাৰ উপন্যাস এখনৰ লেখকজন প্ৰায়ে পাঠকৰ বাবে অচিনাকি হৈ থাকে, কিয়নো একাউণ্টৰ নামটো এটা ছদ্মনাম বা আনকি কাহিনীটোৰ এটা চৰিত্ৰও হ’ব পাৰে। টুইটাৰ উপন্যাসসমূহ দৈনিক এটা বা ততোধিক টুইটৰ সৈতে মাহৰ পিছত মাহ ধৰি চলি থাকিব পাৰে আৰু প্ৰসংগটো সাধাৰণতে এটা অনন্য হেচটেগৰ দ্বাৰা বৰ্তাই ৰখা হয়। সংশ্লিষ্ট হেচটেগৰ দ্বাৰা সন্ধান কৰিলে ধাৰাবাহিকখনৰ সকলো উপলব্ধ টুইটৰ তালিকা পোৱা যায়। কিছুমান ধাৰাবাহিক চুটি আপডেটত পোষ্ট কৰা হয় যিয়ে পাঠকক অনুসৰণ কৰিবলৈ আৰু পৰৱৰ্তী অংশৰ বিষয়ে অনুমান কৰিবলৈ উৎসাহিত কৰে। টুইটাৰ উপন্যাসখনৰ এটা উদাহৰণ হৈছে নিক বেলাৰ্ডেছৰ সৰু ঠাই যিটো ২০০৮ চনৰ ২৫ এপ্ৰিলত সোঁফালে দেখুওৱাৰ দৰে টুইটটোৰে আৰম্ভ হৈছিল। আন এটা উদাহৰণ হ’ল ৰবাৰ্ট কে ব্লেচমেনৰ দ্য টুইষ্টেৰী টুইলজি ছিৰিজ ধাৰাবাহিকখনৰ প্ৰথম প্ৰৱেশ আছিল এক্সিকিউটিভ ছেভাৰেন্স, যিটো হ'ব প্ৰথম লাইভ-টুইট কৰা টুইটাৰ কমিক মিষ্ট্ৰী (বা "টুইষ্টৰী"), ২০০৯ চনৰ ৬ মে'ৰ পৰা এই টুইট আৰম্ভ হৈছিল। ধাৰাবাহিকখনৰ দ্বিতীয়খন টুইটাৰ উপন্যাস দ্য গোল্ডেন পেৰাচুট ২০১৬ চনত কিণ্ডল ই-বুক হিচাপে প্ৰকাশ পাইছিল; আৰু তৃতীয়খন আৰু সামৰণিৰ উপন্যাস আছিল আই টুইট, দেয়াৰফৰ আই এম, ২০১৭ চনৰ আৰম্ভণিতে এই কিতাপখনে মুক্তি পাইছিল। সম্পূৰ্ণৰূপে টুইটাৰত ৰচিত প্ৰথম প্ৰকাশিত কিতাপখন আছিল ৪০৭ মিডিয়া টুইষ্টৰী_অফ_এডভাৰ্ট যিখন ২০০৯ চনৰ ২ এপ্ৰিলত ২০০টা টুইটত একেলগে আপলোড কৰা হৈছিল। সহযোগিতামূলক কাম নীল গেইমেনে তেওঁৰ টুইটাৰ অনুগামীসকলক তেওঁৰ সৈতে সহযোগিতা কৰি এখন উপন্যাসত জড়িত কৰাৰ এক পৰীক্ষাৰ বাবে "ইণ্টাৰেকটিভ টুভেল" শব্দটোৰ উদ্ভাৱন কৰিছিল। বিবিচি আমেৰিকা অডিঅ’ বুকছৰ সৈতে এই কাম চলোৱা হৈছিল। গাইমানৰ প্ৰথম টুইটটো সোঁফালে দেখুওৱাৰ দৰেই আছিল। তাৰ পিছত, তেওঁ হেচটেগৰ অধীনত তেওঁৰ পাঠকসকলক কাহিনীটো আগবঢ়াই নিবলৈ আমন্ত্ৰণ জনায়। ইয়াৰ ফলত হাৰ্টছ, কিজ এণ্ড পাপেট্ৰি শীৰ্ষক অডিঅ'বুক হিচাপে প্ৰকাশ কৰা হয় আৰু লেখকক নীল গেইমেন আৰু টুইটাৰভাৰ্ছ হিচাপে দিয়া হয়। তেজু কলে তেওঁৰ চুটিগল্প "হাফিজ"ৰ পৰা আন টুইটাৰ ব্যৱহাৰকাৰীসকললৈ একোটা শাৰী পঠিয়াইছিল আৰু তাৰ পিছত সেইবোৰ পুনৰ টুইট কৰি কাহিনীটো একত্ৰিত কৰিছিল। ব্যতিক্ৰম টুইট টুইটাৰত হাস্যৰসময়ী বিষয় প্ৰকাশৰ বাবে উৎসৰ্গিত ইণ্টাৰনেট হাস্যৰসৰ এটা শিথিল ধাৰা যিটো অসংগঠিত আৰু ব্যাখ্যা কৰাটো কঠিন। হাস্যৰস বিৰোধী আৰু মূলতঃ পেছাদাৰী হাস্যৰসবাদী টুইটাৰ ব্যৱহাৰকাৰীসকলে সৃষ্টি কৰা অদ্ভুত টুইটাৰ-শৈলীৰ কৌতুকক প্ৰচলিত কৌতুক বিন্যাস বা বিৰামযুক্ত বাক্য গঠনৰ নহৈ, অসংগঠিত চিন্তা হিচাপে উপস্থাপন কৰিব পাৰি। এই ধাৰাটো টুইটাৰৰ ২৮০ আখৰৰ (পূৰ্বতে ১৪০টা) বাৰ্তাৰ দৈৰ্ঘ্যৰ সীমাবদ্ধতাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, যাৰ বাবে কৌতুকসমূহ যথেষ্ট চুটি হোৱাটো প্ৰয়োজনীয়। এই ধাৰাত ইণ্টাৰনেটত অৱহেলিত সামগ্ৰীৰ পুনৰ প্ৰচলন, যেনে স্পেমবটে কৰা পোষ্টৰ পেৰ'ডি কৰা বা পেইণ্টত সৃষ্টি কৰা, ইচ্ছাকৃতভাৱে অপেশাদাৰী ছবি আদিও অন্তৰ্ভুক্ত হ'ব পাৰে। নিউয়ৰ্ক টাইমছে এই ধাৰাটোক "ইনানে" বুলি বৰ্ণনা কৰিছে আৰু ইয়াৰ উদ্দেশ্য হৈছে "ছাইটটোৰ কৰ্পৰেট আৰু মূলসুঁতিৰ ব্যৱহাৰকাৰীসকলক সূক্ষ্মভাৱে উপহাস কৰা।" অদ্ভুত টুইটাৰৰ কিছুমান অংশ হয়তো এটা নিৰ্দিষ্ট উপসংস্কৃতি বা বিশ্বদৃষ্টিভংগীৰ বাবে উৎসৰ্গিত হ'ব পাৰে, যেনে পৰম্পৰাবাদী কেথলিক ধৰ্ম। ইতিহাস ২০০৬ চনত টুইটাৰ মুকলি কৰা হৈছিল, আৰু ২০০৮ চনত প্ৰথম টুইটাৰ উপন্যাসৰ আবিৰ্ভাৱ হৈছিল। তেতিয়াৰ পৰাই কেইবাখনো প্ৰধান বাতৰি কাকতৰ কলা আৰু সংস্কৃতিৰ শাখাত এই পৰিঘটনাটোৰ বিষয়ে আলোচনা কৰা হৈছে। টুইটাৰেচাৰক সাহিত্যিক ধাৰা বুলি কোৱা হৈছে যদিও ই বিভিন্ন ধাৰাৰ ছ'চিয়েল মিডিয়াৰ সৈতে অভিযোজিত। লেখাসমূহ প্ৰায়ে পৰীক্ষামূলক বা দুষ্ট প্ৰকৃতিৰ হয়, কিছুমান লেখক বা প্ৰৱৰ্তকে টুইটাৰৰ মাধ্যমে গল্প কোৱাত কেনে প্ৰভাৱ পেলায় বা মাধ্যমটোৰ জৰিয়তে গল্প এটা কেনেকৈ বিয়পি পৰে সেই বিষয়ে জানিব বিচাৰে। ছুইডেনৰ শীৰ্ষক এটা চাইট ২০১১ চনত মুকলি কৰা হৈছিল যাতে "টুইটাৰৰ উদ্দেশ্যতকৈয়ো গভীৰভাৱে লিখিবলৈ মানুহক প্ৰত্যাহ্বান জনোৱা হয়।" তথ্যসূত্ৰ সাহিত্যৰ ধাৰা ডিজিটেল
83152
https://as.wikipedia.org/wiki/%E0%A6%86%E0%A6%A8-%E0%A6%A8%E0%A7%82%E0%A7%B0
আন-নূৰ
আন-নূৰ পোহৰ বা উজ্জ্বল জ্যোতিষ্ক) হৈছে কোৰআনৰ ২৪ নং অধ্যায় যাৰ ৬৪টা আয়াত আছে। সাৰাংশ ১ এই অধ্যায়টো বেহেস্তৰ পৰা প্ৰকাশ কৰা হৈছে ২-৩ ব্যভিচাৰ সম্পৰ্কীয় আইন ৪-৫ গুণী নাৰীক বদনাম কৰাৰ শাস্তি ৬-১০ স্বামীয়ে পত্নীৰ বিৰুদ্ধে ব্যভিচাৰ কৰাৰ অভিযোগৰ সৈতে জড়িত আইন ১১-২০ আইশাৰ নিন্দাকাৰীসকলে তিৰস্কাৰ কৰিলে, আৰু তেওঁলোকৰ শাস্তি ২১ মুমিনসকলে কু-কৰ্মৰ পৰা সতৰ্ক কৰি দিছিল ২২ ধনীসকলে দুখীয়াক ক্ষমা কৰিবলৈ, আৰু তেওঁলোকৰ ওপৰত দান দিবলৈ ২৩-২৫ গুণী নাৰীৰ মিছা অভিযুক্ত চিৰদিনৰ বাবে অভিশপ্ত ২৬ ইজনে সিজনৰ সমাজৰ ওচৰত নিন্দা কৰা দুষ্ট পুৰুষ-মহিলা ২৭-২৯ ইজনে সিজনৰ ঘৰলৈ যোৱাৰ সময়ত পালন কৰিবলগীয়া আচাৰ-ব্যৱহাৰ ৩০-৩১ ধৰ্মপৰায়ণ পুৰুষ-মহিলাসকলে বিনয়ী আচৰণ কৰিবলৈ উপদেশ দিছিল ৩২ সম্ভৱ হ’লে বিবাহযোগ্য নাৰীক বিয়া কৰাব ৩২ সৎ হ’লে বিয়া হ’বলগীয়া পুৰুষ-দাসী আৰু দাস-দাসী ৩৩ অবিবাহিত মুছলমানসকলে সংযমৰ বাবে উপদেশ দিলে ৩৩ দাসসকলক তেওঁলোকৰ স্বাধীনতা ক্ৰয় কৰিবলৈ উৎসাহিত কৰিবলৈ মালিকসকল ৩৪ কোৰআন ধৰ্মপৰায়ণসকলৰ বাবে এক উপদেশ ৩৫ আল্লাহৰ পোহৰৰ সাদৃশ্য ৩৬-৩৮ প্ৰকৃত বিশ্বাসীসকলৰ আচৰণ বৰ্ণনা কৰা হৈছে ৩৯ অবিশ্বাসক মৰুভূমিৰ মিৰাজ বা ধুমুহাময় সাগৰৰ আন্ধাৰৰ সৈতে তুলনা কৰা হৈছিল ৪০-৪১ আল্লাহৰ সকলো জীৱৰ দ্বাৰা প্ৰশংসা কৰা ৪২-৪৫ প্ৰকৃতিৰ সকলো পৰিঘটনাতে আল্লাহই প্ৰকাশ কৰিলে ৪৬-৫৬ অবিশ্বাসীসকলে তিৰস্কাৰ কৰিছিল আৰু সতৰ্ক কৰি দিছিল ৫৭-৫৮ ব্যক্তিগত আৰু পৰিয়ালৰ গোপনীয়তাৰ সৈতে জড়িত নিয়ম ৫৯-৬০ বৃদ্ধ মহিলা, অন্ধ, লংপেণ্ট, আৰু ৰোগীৰ ক্ষেত্ৰত ব্যতিক্ৰম ৬১ মুছলমানসকলে ইজনে সিজনক প্ৰণাম জনাবলৈ আদেশ দিছিল ৬২-৬৩ প্ৰকৃত বিশ্বাসীসকলে আল্লাহৰ পাঁচনিৰ প্ৰতি অন্তৰ্নিহিত আজ্ঞা পালন কৰিবলৈ উপদেশ দিছিল ৬৪ সৰ্বজ্ঞানী আল্লাহই সকলো মানুহৰ বিচাৰ কৰিব পণ্ডিতসকলৰ সাধাৰণ একমত হ’ল যে এই ছুৰাটো ৫ হিজৰীত খাদৰ যুদ্ধৰ কিছু সময়ৰ আগতে বা পিছত অৱতীৰ্ণ হৈছিল। ছূৰাখনৰ আৰম্ভণিতে দুৰ্নীতিগ্ৰস্ত যৌন কাৰ্য্যৰ ওপৰত বা ইয়াৰ সৈতে জড়িত বিভিন্ন ব্যাখ্যা আৰু আদেশ, পাৰিবাৰিক আইন, আৰু সাক্ষ্য দিয়াৰ নিৰ্দিষ্টতা আছে। এই ৰায়সমূহৰ ভিতৰত আটাইতকৈ আগশাৰীৰ কথাটো হ’ল ব্যভিচাৰৰ বাবে আল্লাহই দিয়া শাস্তি। এই খণ্ডটোৰ অন্তত এই ঘোষণা কৰা হৈছে যে ভাল পুৰুষ আৰু নাৰীক একেলগেযোৰ কৰা উচিত, লগতে দুৰ্নীতিগ্ৰস্ত পুৰুষ আৰু দুৰ্নীতিগ্ৰস্ত নাৰী। এই আলোচনা গোপনীয়তা আৰু বিনয়ৰ ওপৰত চিন্তা-চৰ্চালৈ পৰিণত হয়, অৰ্থাৎ আতিথ্যদাতা আৰু মহিলাৰ ওপৰত। ইয়াত কেইবাটাও নিয়ম আৰু বিনয়ৰ ব্যাখ্যা সন্নিবিষ্ট কৰা হৈছে, বেছিভাগেই প্ৰত্যক্ষভাৱে হিজাব পিন্ধাৰ বাবে পৰম্পৰাগতভাৱে যুক্তি দিবলৈ ব্যৱহাৰ কৰা ৰেখা। এই নিষেধাজ্ঞাসমূহ নাৰীৰ বাবে নিক্ষেপ কৰাৰ পিছত গ্ৰন্থখনে পুৰুষৰ ফালে ঘূৰি কয় যে তেওঁলোকে দাসীক দেহ ব্যৱসায়ত অত্যাচাৰ নকৰিবলৈ, আৰু দৰিদ্ৰতাৰ মাজতো স্বামীৰ প্ৰয়োজন হোৱা মহিলাসকলক বিয়া কৰাবলৈ কয়। এক্সেজেচিছ ২-৪ অবৈধ যৌন সম্পৰ্ক স্বামীৰ পৰা পত্নীলৈ বা সমাজৰ সদস্যৰ পৰা সতী নাৰীলৈ ব্যভিচাৰ, ব্যভিচাৰ আৰু মিছা অভিযোগৰ সৈতে জড়িত বেছিভাগ নিয়ম, ২৪ নং অধ্যায়ত পোৱা যায়, যিটো অবৈধ যৌন সম্পৰ্কৰ শাস্তি সম্পৰ্কে অতি নিৰ্দিষ্ট নিয়ম দি আৰম্ভ কৰা হয় তাফছিৰ ইবনে কাথিৰ তেওঁলোকৰ শাস্তিৰ সাক্ষী হোৱাৰ সম্পৰ্কত কৈছে: "অবৈধ যৌন সম্পৰ্কৰ দোষী লোকসকলৰ বাবে এইটো অধিক অপমানজনক, যদিহে তেওঁলোকক জনসাধাৰণৰ সন্মুখত কোবাব লাগে। ইয়াৰ কাৰণ হ'ল "ই প্ৰতিৰোধক হিচাপে অধিক ফলপ্ৰসূ আৰু ই কেলেংকাৰী আৰু তিৰস্কাৰৰ ভাৱ প্ৰকাশ কৰে”। তাফছিৰ ইবনে কাথিৰত সতী পুৰুষ বা মহিলাৰ ওপৰত মিছা অভিযোগ উত্থাপন কৰাৰ বাবে নিৰ্ধাৰিত শাস্তি হ’ল তেওঁলোকক আশীটা কোব আৰু তেওঁলোকৰ সাক্ষ্য চিৰদিনৰ বাবে অস্বীকাৰ কৰা। ৩৫ "পোহৰৰ আয়াত" আল্লাহৰ পৰা স্পষ্ট চিন হিচাপে কোৰআনৰ মৰ্যাদাৰ বিষয়ে দ্বিতীয়বাৰৰ বাবে কোৱাৰ পিছত বিখ্যাত পোহৰৰ আয়াত আবিৰ্ভাৱ হয়। ইয়াক প্ৰায়ে "পোহৰৰ আয়াত", বা "পোহৰৰ দৃষ্টান্ত" বুলি কোৱা হয়, যিটো শাৰীৰ এটা ৰহস্যময় গোট যিটো বহু পণ্ডিত আৰু প্ৰতিফলনৰ বিষয় হৈ আহিছে। "আল্লাহ আকাশ আৰু পৃথিৱীৰ পোহৰ: তেওঁৰ পোহৰৰ সাদৃশ্য দেৱালৰ এটা ঠাইৰ দৰে, য'ত এটা প্ৰদীপ স্থাপন কৰা হয়, আৰু প্ৰদীপটো কাঁচৰ আৱৰণত আবদ্ধ কৰা হয়; কাঁচটো এটা জিলিকি থকা তৰাৰ দৰে দেখা যায়। ই।" ধন্য গছৰ তেলেৰে জ্বলি উঠে, পূব বা পশ্চিমৰ নহয় জলপান; ইয়াৰ তেলে পোহৰ দিবৰ বাহিৰে ইয়াৰ অলপ অভাৱ হয়, যদিও কোনো জুই তাক স্পৰ্শ কৰা নাছিল তেওঁ যি বিচাৰে তেওঁৰ পোহৰলৈ নিৰ্দেশ দিব। আল্লাহই মানুহক দৃষ্টান্ত দিয়ে, কিয়নো আল্লাহই সকলো কথা জানে।" ৩৬-৪৪জন বিশ্বাসীক পুৰস্কৃত কৰা হ’ব ইয়াত কোৰআনে চমুকৈ অলপ বেছি আক্ষৰিক বাক্যৰ ৰূপলৈ ঘূৰি আহিছে কাৰণ ই মুমিনসকলক আশ্বস্ত কৰে যে তেওঁলোকৰ স্মৰণৰ পুৰস্কাৰ পোৱা যাব, কিয়নো পাপীসকলৰ পাহৰি যোৱাৰ শাস্তি হ’ব। পোহৰৰ আয়াতটোৰ লগত খাপ খুৱাই অবিশ্বাসীসকলকো উপমাৰে ব্যাখ্যা কৰা হৈছে, ওপৰৰ গভীৰভাৱে প্ৰতীকী সুৰটোলৈ ঘূৰি আহি: "আৰু অবিশ্বাসী সকলৰ কথা ক'বলৈ গ'লে, তেওঁলোকৰ কৰ্মবোৰ বিশাল সমভূমিত চিত্ৰৰ দৰে; য’ত পিয়াহত ভোগা মানুহে পানী আছে বুলি ভাবে; যেতিয়ালৈকে তেওঁ ইয়াৰ ওচৰলৈ নাহে, তেতিয়ালৈকে তেওঁ ইয়াক একোৱেই নহয় বুলি নাপায়; তাতেই তেওঁ আল্লাহক বিচাৰি পায় আৰু তেওঁ তেওঁক নিজৰ হিচাপ সম্পূৰ্ণকৈ পৰিশোধ কৰে; আৰু আল্লাহ হিচাপ কৰাত দ্ৰুত; বা সেইবোৰ অস্পষ্ট সাগৰৰ ওপৰত ছাঁৰ দৰে, এটা ঢৌৰে আবৃত যাৰ ওপৰত এটা ঢৌ আছে যাৰ ওপৰত ডাৱৰ আছে; ছাঁবোৰে এটাৰ ওপৰত স্তূপ কৰি ৰাখিছিল; যেতিয়া তেওঁ হাত আগবঢ়ায়, তেতিয়া তেওঁ প্ৰায় দেখা নাপায়। আৰু যিজনক আল্লাহই কোনো পোহৰ নিদিয়ে, তেওঁৰ কোনো পোহৰ নাই।" (৩৯–৪০ শাৰী) কোৰআনত ব্যাখ্যা কৰা হৈছে যে পৃথিৱীখন নিজেই আল্লাহৰ বাস্তৱতা আৰু শক্তিৰ প্ৰমাণ। তেওঁ মেঘ, বতাহ, শিলাবৃষ্টি আৰু পৰ্বত নিয়ন্ত্ৰণ কৰে। এই ছুৰাত এইটোও ব্যাখ্যা কৰা হৈছে যে আল্লাহই পানীৰ পৰা সকলো প্ৰাণী সৃষ্টি কৰিছিল, য’ত চাৰি ভৰি থকা জীৱ-জন্তু, দুভৰি থকা জীৱ-জন্তু, ভৰিবিহীন জীৱ-জন্তু আদিও আছে। ৪৫ জন্ম আৰু সামাজিক মৰ্যাদা কোৰআনে নিশ্চিত কৰিছে যে আল্লাহই তেওঁৰ বাস্তৱতাক স্পষ্ট কৰিবলৈ চিন (আয়াত) পঠিয়াইছে, আৰু বাস্তৱতাক বুজাটো এটা "সৰল পথ" হিচাপে, যে যদি কোনোবাই সঁচাকৈয়ে অনুসৰণ কৰি আছে, তেন্তে তেওঁক কেতিয়াও বিপথে পৰিচালিত কৰিব নোৱাৰি আল্লাহই তেওঁৰ বাক্য পালন কৰে, আৰু যিসকলে বিশ্বাস কৰে আৰু তেওঁলোকৰ ধৰ্ম পালন কৰে তেওঁলোকক পুৰস্কৃত কৰি থাকিব, যিদৰে তেওঁ পূৰ্বতে আনকো একে কাম কৰাৰ বাবে পুৰস্কৃত কৰিছে। কিতাপখনে বিশ্বাসীক আহ্বান জনাইছে যে তেওঁ চিন্তা নকৰিব, আৰু কেৱল তেওঁলোকৰ জন্ম বা সামাজিক মৰ্যাদাৰ চৰ্তৰ বাবে মানুহক পাপৰ অভিযোগ নকৰিব। উদাহৰণস্বৰূপে, বহুতো জনজাতীয় সংস্কৃতিত এজন অন্ধ ব্যক্তি বা তেওঁলোকৰ পিতৃ-মাতৃক দুষ্ট বুলি বিশ্বাস কৰা হৈছিল, সেয়েহে দেৱতা বা আত্মাই তেওঁলোকক অন্ধ কৰি পেলাইছে। কোৰআনে এই ধৰণে চিন্তা নকৰিবলৈ আহ্বান জনাইছে, আৰু ইয়াৰ পৰিৱৰ্তে মনত ৰাখিব যে সকলো বস্তু আল্লাহৰ পৰা পোৱা চিন, আৰু এইদৰে সকলো মুমিন আনৰ প্ৰতি ভাল স্বভাৱৰ হ’ব লাগে, আৰু তেওঁলোকৰ পৰা আল্লাহৰ পৰা আশীৰ্বাদ কামনা কৰিব লাগে। যদি সেইটো কৰা হয়, তেন্তে চিনবোৰ স্পষ্ট হৈ পৰে আৰু "হয়কৈ আপুনি বুজি পাব।" যেনেকৈ বিশ্বাসীয়ে আনক ভালদৰে সম্ভাষণ জনাব লাগিব, তেনেদৰে তেওঁলোকেও যাত্ৰা কৰাৰ আগতে তেওঁলোকৰ পৰা ছুটী বিচাৰিব লাগিব। কিন্তু ছূৰাটোৰ শেষত, আল্লাহই জানে যে মানুহে কৰা দৰে লুকাই থকা কাৰণবোৰ কৰে, "আল্লাহই জানে তোমালোকৰ মাজৰ যিসকল গোপনে পিছলি যায়", কাৰণ যেতিয়া সকলোৱে তেওঁৰ ওচৰলৈ ঘূৰি আহিব, তেতিয়া তেওঁলোকে তেওঁৰ ওচৰত নিজৰ বিৰুদ্ধে সাক্ষ্য দিব। অধিক চাওক আইশা#ব্যভিচাৰৰ অভিযোগ তথ্যসমূহ বহিঃ সংযোগ 24 24:2, 50+ কোৰআন ইছলাম ধৰ্ম মদিয়ান
42425
https://as.wikipedia.org/wiki/%E0%A6%89%E0%A6%9C%E0%A6%AC%E0%A7%87%E0%A6%95%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%A8
উজবেকিস্তান
উজবেকিস্তান মধ্য এছিয়াৰ এখন গণতন্ত্ৰ ৰাষ্ট্ৰ। ইয়াৰ পশ্চিম আৰু উত্তৰে কাজাখাস্তান, পূবে কিৰগিজস্তান, দক্ষিণ-পূবে তাজিকিস্তান, আৰু দক্ষিণে আফগানিস্তান আৰু তুৰ্কমেনিস্তান। উজবেকিস্তানৰ পশ্চিম অংশত দেশখনৰ প্ৰায় ৩৭% অঞ্চলৰে গঠিত স্বায়ত্ত্বশাসিত কোৰাকালপোগ প্ৰজাতন্ত্ৰ অৱস্থিত। উজবেকিস্তানৰ উত্তৰ-পূবা প্ৰান্তত অৱস্থিত তাশখণ্ড দেশখনৰ ৰাজধানী চহৰ আৰু শিল্প আৰু সাংস্কৃতিক কেন্দ্ৰ। উজবেকিস্তানৰ সংখ্যাগৰিষ্ঠ জনগণ উজবেক জাতিৰ লোক। উজবেক ভাষা ইয়াৰ ৰাষ্ট্ৰীয় ভাষা। ১৯২৪ চনৰ পৰা ১৯৯১ লৈ উজবেকিস্তান ছোভিয়েট ইউনিয়নৰ অধীন উজবেক ছোভিয়েট সমাজতান্ত্ৰীক প্ৰজাতন্ত্ৰ নামে জনাজাত আছিল। ১৯৯১ চনত ই স্বাধীনতা লাভ কৰে। ১৯৯২ চনত সংবিধান সংশোধন কৰা হয় আৰু ইয়াক ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰীক প্ৰজাতন্ত্ৰ হিচাপে প্ৰতিষ্ঠা কৰা হয়। কিন্তু ছোভিয়েট আমলত প্ৰচলিত কেন্দ্ৰীয় নিয়ন্ত্ৰণৰ বিভিন্ন ৰূপ আজিও দেশখনৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত বিদ্যমান। যদিও সংবিধানত বহুদলীয় ব্যৱস্থাৰ আশ্বাস দিয়া আছে, দেশখনৰ ৰাষ্ট্ৰপতি ইছলম কাৰিমভে (উজবেক ভাষা: এক প্ৰকাৰৰ স্বৈৰশাসনৰ প্ৰৱৰ্তন কৰিছে। যাতে বিৰোধী সকলৰ প্ৰতি সহনশীলতা প্ৰদৰ্শিত কৰা নহয়। কাৰিমভ বজাৰ সংস্কাৰৰ ক্ষেত্ৰতো ধীৰে চলা নীতি গ্ৰহণ কৰিছে। ফলত এতিয়াও অৰ্থনীতিৰ অনেক ক্ষেত্ৰত চৰকাৰৰ শক্তিশালী নিয়ন্ত্ৰণ আছে। ইতিহাস জাৰশাসিত উজবেকিস্তান ৰুছ শাসন প্ৰতিষ্ঠিত হোৱাৰ পূৰ্বে উজবেকিস্তান বুখাৰা আমিৰাত, খিভা খানাত আৰু কোকান্দ খানাতৰ মাজত বিভক্ত আছিল। ঊনবিংশ শতিকাৰ শেষৰ ফালে উজবেকিস্তান ৰুচ সাম্ৰাজ্যৰ অন্তৰ্গত হয়। সেইসময় বহিটো ৰুছ নাগৰিক এই অঞ্চলত বসতি স্থাপন কৰে। ১৯১২ চনৰ হিচাপ অনুযায়ী, জাৰশাসিত উজবেকিস্তানত বসবাসকাৰী ৰুছীয়ান সকলৰ সংখ্যা আছিল ২,১০,৩০৬ জন। প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাত ৰুছ চৰকাৰে উজবেকিস্তানসহ মধ্য এছিয়াৰ পৰা সৈন্য সংগ্ৰহ কৰাৰ চেষ্টা চলোৱাত এই অঞ্চলব্যাপী বিদ্ৰোহে দেখা দিয়ে। ১৯১৭ চনত ৰুছ বিপ্লৱৰ ফলত ৰাছিয়াৰ জাৰতন্ত্ৰৰ পতন ঘটে আৰু ৰাছিয়াৰ গৃহযুদ্ধ আৰম্ভ হয়। এই অৱস্থাত ৰুছ চৰকাৰ উজবেকিস্তানৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায়। ছোভিয়েট উজবেকিস্তান ১৯২০ চনৰ মাজভাগত কেন্দ্ৰীয় এছিয়াত এশিয়ায় ৰুছৰ কৃতিত্ব পুনঃপ্ৰতিষ্ঠিত হয়। আৰু কিছু প্ৰতিৰোধৰ সত্ত্বেও উজবেকিস্তানসহ সমগ্ৰ মধ্য এছিয়া ছোভিয়েট ইউনিয়নৰ অন্তৰ্ভুক্ত হয়। ১৯২৪ চনৰ ২৭ অক্টোবৰ তাৰিখে উজবেক ছোভিয়েট সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠিত হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰৰ নেতৃত্বাধীন জাৰ্মানী ছোভিয়েট ইউনিয়ন আক্ৰমণ কৰাত ১৪,৩৩,২৩০জন উজবেক সৈন্য ছোভিয়েট ৰেড আৰ্মীৰ পক্ষে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধত অংশ গ্ৰহণ কৰে। ২,৬৩,০০৫জন উজবেক সৈন্য যুদ্ধৰ কালছোৱাত নিহত হয় আৰু ৩২,৬৭০জন নিৰুদ্দেশ হয়। স্বাধীনতা ১৯৯১ চনৰ ৩১ আগষ্টত ছোভিয়েট ইউনিয়নৰ পতনকালত উজবেকিস্তানে স্বাধীনতা ঘোষণা কৰে। ১ ছেপ্টেম্বৰক উজবেকিস্তানৰ জাতীয় স্বাধীনতা দিৱস ঘোষণা কৰা হয়। ৰাজনীতি উজবেকিস্তান ৰাষ্ট্ৰপতিশাসিত গণতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াৰ ৰাষ্ট্ৰপতি একাধাৰে ৰাষ্ট্ৰ আৰু চৰকাৰৰ প্ৰধান। ৰাষ্ট্ৰৰ সকলো ক্ষমতা চৰকাৰৰ ওপৰত ন্যস্ত। আইন প্ৰণয়নৰ ক্ষমতা চৰকাৰ আৰু দ্বিকাক্ষিক আইনসভা উভয়ৰ ওপৰত ন্যস্ত। উজবেকিস্তানত চৰকাৰী পদপ্ৰাপ্তি কোনো ৰাজনৈতিক দলৰ সদস্যপদ নহয়, বৰং বংশ আৰু কোন গোত্ৰৰ, তাৰ ওপৰত হে বহুলভাৱে নিৰ্ভৰশীল। ভূগোল উজবেকিস্তানৰ ৮০% অঞ্চল সমতল মৰুভূমি। দেশখনৰ পূবভাগত প্ৰায় ৪,৫০০ মিটাৰ সুউচ্চ পৰ্বতমালা আছে। উজবেকিস্তানৰ দক্ষিণ-পূব প্ৰান্ত তিয়ান শান পৰ্বতমালা পশ্চিম পাদদেশ লৈ গঠিত। উজবেকিস্তানৰ উত্তৰে নিম্নভূমি কিজিল কুম নামৰ এক বিশাল মৰুভূমি আছে। ই দক্ষিণে কাজাখাস্তান পৰ্যন্ত প্ৰসাৰিত হৈ আছে। ফেগাৰ্ণা উপত্যকা উজবেকিস্তানৰ আটাইতকৈ উৰ্বৰ অঞ্চল। ই কিজিল কুম মৰুভূমিৰ ঠিক পূবত অৱস্থিত আৰু উত্তৰ, দক্ষিণ আৰু পশ্চিমে পৰ্বতমালাৰ দ্বাৰা বেষ্টিত। চিৰ দৰিয়া নদী এই অঞ্চলখনক কিজিল কুম মৰুভূমিৰ পৰা পৃথক কৰিছে। আমু দৰিয়া আন এক গুৰুত্বপূৰ্ণ নদী। উজবেকিস্তানত প্ৰায়েই ভূমিকম্প হয়। ১৯৬৬ চনৰ এক প্ৰবল ভূমিকম্পত ৰাজধানী তাশখণ্ডৰ বেছি ভাগ অংশ ধ্বংস হৈছিল। পৰ্যটন উজবেকিস্তান প্ৰাচ্য আৰু পাশ্চাত্যৰ সভ্যতাক সংযুক্তকাৰী বিখ্যাত ৰেচম পথৰ ওপৰত অৱস্থিত। উজবেকিস্তানৰ যাদুঘৰ আৰু সংগ্ৰাহালয় সমূহত প্ৰায় ২০ লাখতকৈ বেছি প্ৰত্নতাত্বিক সম্পদ সংগ্ৰাহীত হৈ আছে। এইবোৰে মধ্য এছিয়াৰ প্ৰায় ৭০০০ বছৰ ধৰি বসবাসকাৰী বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি আৰু ইতিহাসৰ সাক্ষ্য বহন কৰিছে। অনেক পৰ্যটকে এই সমৃদ্ধ ইতিহাস সম্বন্ধে জনাৰ উদ্দেশ্যে উজবেকিস্তান ভ্ৰমণ কৰে। উজবেকিস্তানৰ পাহাৰ পৰ্বতৰ শৃংগ আৰু তুষাৰাবৃত পাহাৰ সমূহত স্কি আৰু দুঃসাহসিক ক্ৰীড়াৰ সুব্যৱস্থা আছে। উজবেকিস্তানৰ ২য় বৃহত্তম দহ চমৰকণ্ড ৰেচম পথৰ মধ্যস্থানত অৱস্থিত আৰু ই বিশ্বৰ প্ৰাচীনতম সহৰসমূহৰ ভিতৰত অন্যতম। আনুমানিক খ্ৰীষ্টপূৰ্ব ৭ম শতিকাত এই চহৰ প্ৰতিষ্ঠিত হয়। ইয়াৰ অধিবাসীসকল মূলত তাজিক। ৩২৯ খ্ৰীষ্টপূৰ্বত মহান আলেকজেণ্ডাৰে ইয়াক জয় কৰে। চমৰকণ্ডৰ প্ৰধান আকৰ্ষণ ৰেগিস্তান নামৰ অঞ্চল। ইয়াৰ আশে পাশে কেইবাটাও প্ৰাচীন মাদ্ৰাছা আদি। তদুপৰি ইয়াত অনেক বিখ্যাত মছজিদ আৰু স্মৃতিস্তম্ভ আছে। তথ্য উৎস এছিয়াৰ দেশ ৰাষ্ট্ৰসংঘৰ সদস্য
35268
https://as.wikipedia.org/wiki/%E0%A6%B9%E0%A7%87%E0%A6%A8%E0%A7%B0%E0%A6%BF%20%E0%A6%AE%E0%A7%87%E0%A6%9F%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC
হেনৰি মেটিশ্ব
ৰি-এমিল-বেন'য় মেটিশ্ব 31 1869 3 1954) এগৰাকী ফৰাচী চিত্ৰশিল্পী। তেখেতৰ ৰঙৰ ব্যৱহাৰ আৰু গতিশীল অংকনৰ বাবে জনাজাত। চিত্ৰশিল্পৰ বাহিৰেও তেখেত অংকন, ছপাশিল্প আৰু ভাস্কৰ্য-কলাৰো চৰ্চা কৰিছিল, অৱশ্যে চিত্ৰশিল্পৰ বাবে তেখেত বেছি প্ৰখ্যাত। পাবলো পিকাছো আৰু মাৰ্চেল ডুচেম্প-ৰ লগত মেটিশ্ব-ক বিংশ শতাব্দীৰ আৰম্ভণিতে জোঁৱাৰ অনা 'প্লাষ্টিক শৈলী'ৰ বিকাশ ঘটাই ইয়াক সুনিৰ্দিষ্ট কৰা প্ৰতিষ্ঠাপক শিল্পী বুলি কোৱা হয়। প্ৰাম্ভিক কালছোৱাত তেখেতক 'বন্য চিত্ৰকৰ বুলি ধৰা হৈছিল যদিও ১৯২০-ৰ পাছত ফৰাচী চিত্ৰশিল্পীৰ ধ্ৰূপদী পৰম্পৰাৰ বাহক বুলি গণ্য কৰা হয়। অৰ্ধশতিকা জুৰি ব্যস্ত হৈ থকা এই গৰাকী শিল্পীক ৰঙ ব্যৱহাৰত বুৎপত্তি আৰু অংকন বিদ্যাৰ বাবে আধুনিক চিত্ৰশিল্প-ৰ এগৰাকী গুৰুত্বপূৰ্ণ শিল্পী হিচাপে স্থান দিয়া হৈছে। শৈশৱ আৰু শিক্ষা মাটিশ্বৰ জন্ম হৈছিল ফ্ৰান্সৰ নৰ্ড চহৰত। পিতৃ এগৰাকী আঢ্যৱন্ত ধান-চাউলৰ ব্যৱসায়ী আছিল। তেখেত ডাঙৰ-দীঘল হৈছিল ফ্ৰান্সৰ দি চহৰত। ১৮৮৭ চনত আইন পঢ়িবলৈ পেৰিছলৈ যায় আৰু শিক্ষা লাভ কৰি লা শ্বেটু-কেম্ব্ৰেছিছ-ৰ আদালতত প্ৰশাসক হিচাপে যোগ দিয়ে। ১৮৮৯ চনত ছবি অঁকা আৰম্ভ কৰে। এপণ্ডিচাইটিছ হৈ ভাল হৈ পঢ়ি থকাৰ সময়ত মাকে আনি দিয়া ৰঙ আৰু তুলিকাৰে তেওঁ ছবি আঁকিবলৈ আৰম্ভ কৰিছিল। পাছত তেখেতে কৈছিল যে সেই ছবি অঁকাৰ সময়ত তেওঁ যেন হাতেৰে স্বৰ্গ ঢুকি পাইছিল। তাৰ পাছতেই তেওঁ চিত্ৰশিল্পী হ'বলৈ মন মেলে, য'ত দেউতাকে আপত্তি কৰিছিল। ১৮৯১ চনত পেৰিছলৈ উভতি গৈ চিত্ৰাংকনৰ শিক্ষা গ্ৰহণ কৰি জুলিয়ান একাডেমি-ত। একাডেমিত তেখেতৰ গুৰু আছিল উইলিয়াম এডল্ফ বুজেৰো আৰু গুস্তাভ মোৰিউ। জড়-বস্তু ছবিৰে চিত্ৰাঙ্কন আৰম্ভ কৰিছিল যদিও পাছলৈ প্ৰাকৃতিক দৃশ্যত মনোনিবেশ কৰে। উভয় শিল্পতে তেখেতে বুৎপত্তি লভিছিল। মেটিশ্ব অনুপ্ৰাণিত হৈছিল জ'-বেপ্তিষ্ট-ছিমিয়ন শ্বাৰ্দিন, নিক'লাছ পুছিন আৰু এন্তয় ৱাটিউ আদি প্ৰাক-কালৰ শিল্পীৰ দ্বাৰা, তৎকালীন আধুনিক শিল্পী এডৱাৰ্ড মানে আৰু জাপানৰ শিল্পৰ দ্বাৰাও তেওঁ প্ৰভাৱান্বিত হৈছিল। মাটিশ্বে শ্বাৰ্ডিনৰ ছবিৰ আটাইতকৈ বেছি প্ৰশংসা কৰিছিল, আৰু ছাত্ৰাৱস্থাত শ্বাৰ্ডিনৰ ৰ-ত সংগৃহীত ছবিৰ নকল আঁকিছিল। ১৮৯৬-৯৭ চনত মাটিশ্বে অষ্ট্ৰেলিয়াৰ চিত্ৰশিল্পী জন পিটাৰ ৰাছেলক লগ পায়। ৰাছেলেই তেখেতক ইম্পৰেশ্বনিজম-লৈ আগ্ৰহী কৰি তোলে, লগতে ভেন গঁগৰ ছবিৰ প্ৰতিও তেখেতৰ দৃষ্টি নিক্ষেপ কৰায়। ভেন গঁগ আৰু ৰাছেল বন্ধু আছিল যদিও সেই সময়ত ভেন গঁগ অনামী শিল্পীহে আছিল। এই সাক্ষাৎকাৰৰ পাছতে মাটিশ্বৰ ছবি অঁকাৰ শৈলী সলনি হয়। মাটিশ্বে পাছত কৈছিল যে "ৰাছেল আছিল মোৰ গুৰু, আৰু ৰাছেলেই 'ৰঙৰ তত্ত্ব' মোক ব্যাখ্যা কৰি বুজাইছিল। ১৮৯৬ চনত মাটিশ্বে পাঁচখন ছবিৰে এখন প্ৰদৰ্শনী পাতে। -ত পতা এই প্ৰদৰ্শনীতে দুখন ছবি ৰাজ্যই কিনি লয়। এগৰাকী মডেল কেৰ'লিন লুৰ সতে হোৱা সম্বন্ধেৰে তেখেতৰ প্ৰথমা কন্যা মাৰ্গেৰিটাৰ জন্ম হয় ১৮৯৪ চনত। ১৮৯৮৯ চনত তেখেত বিয়া কৰায় এমিলি ন'য়িলি পাৰাৰে-ক। পতি-পত্নীয়ে উভয়ে মিলি মাৰ্গেৰিটাক ডাঙৰ-দীঘল কৰে। তেওঁলোকৰ দুজন পুত্ৰ সন্তান ক্ৰমে জীন (জন্ম ১৮৯৯) আৰু পিয়েৰ (জন্ম ১৯০০)। মাৰ্গেৰিটা আৰু এমিলি-দুয়োগৰাকীয়েই মাটিশ্বৰ ছবিৰ বাবে মডেলৰ কাম কৰিছিল। কেমলি পিছাৰ'-ৰ পৰামৰ্শ মতে মাটিশ্ব ১৮৯৮ চনত লণ্ডনলৈ আহে আৰু জে এম ডব্লু টাৰ্ণাৰৰ ছবিসমূহ অধ্যয়ন কৰে, ইয়াৰপৰা তেওঁ কৰ্ছিকালৈ যায়। ১৮৯৯ চনৰ ফেব্ৰুৱাৰী মাহত পেৰিছলৈ ঘূৰি আহি তেওঁ এলবাৰ্ট মাৰ্কেটৰ লগত কাম কৰিবলৈ লয় আৰু লগ পায় আন্দ্ৰে ডেৰিয়েন, আৰু জঁ পাই-ক। মাটিশ্বে অন্যান্য শিল্পীৰ ছবি কিনি অধ্যয়ন কৰিবলৈ আৰম্ভ কৰাত লাহে লাহে ধাৰত পোত যাবলৈ ধৰে। তেখেতৰ ঘৰত আছিল আগষ্ট ৰ'ডিন নিৰ্মিত এটা প্লাষ্টাৰ বাষ্ট, পল গঁগাৰ এখন ছবি, ভেন গঁগৰ এখন অংকন আৰু পল চেজান-ৰ 'থ্ৰী বেদাৰছ' নামৰ ছবিখন। ছেজানৰ ছবিৰ গঠন আৰু ৰঙেই আছিল মাটিশ্বৰ অণুপৰেৰণাৰ মূল উৎস। ১৮৯৮-ৰপৰা ১৯০১ চনলৈ মাটিশ্বৰ ছবিবোৰত -ৰ প্ৰয়োগ দেখা যায়। পল ছাইনেক-ৰ লিখা পঢ়ি মাটিশ্ব এই শৈলীলৈ আকৃষ্ট হৈছিল। ১৯০২-০৩ চনত মাটিশ্বৰ আৰ্থিক অৱস্থা ভাল নাছিল আৰু সেই সময়ৰ ছবিখিনিত কিছু নৰম ভাৱ দেখা যায়, লগতে মূলত গঠন লৈ পৰীক্ষা-নিৰীক্ষা কৰা পৰিলক্ষিত হয়। ১৮৯৯ চনত এন্তইন লুই বাৰয়ে-ৰ এটা ভাস্কৰ্যৰ নকল নিৰ্মাণ কৰি তেখেতৰ ভাস্কৰ্য কৰ্মৰ সূত্ৰপাত হয়। ১৮৯৯ চনত তেওঁ ঘাইকৈ মাটিৰ ভাস্কৰ্য নিৰ্মাণ কৰাত গুৰুত্ব দিছিল আৰু ১৯০৩ চনত নিৰ্মাণ কৰি উলিয়াইছিল 'দাসজন' প্ৰথম কালৰ চিত্ৰ বন্যবাদ বন্যবাদ (ফৰাচী শব্দ (অৰ্থ: বন্য জীৱ)-ৰপৰা উৎপত্তি হোৱা হেতুকে অসমীয়াত বন্যবাদ বোলা হৈছে) চিত্ৰাংকনৰ এটা শৈলী। ১৯০০ চনত আৰম্ভ হৈ ১৯১০ চনত সমাপ্ত হোৱা এই বাদৰ ভৰণ সময় আছিল চাৰিটা বছৰ (১৯০৪-১৯০৮)। তিনিখন প্ৰদৰ্শনীৰে উদ্ভুত হোৱা এই শৈলীৰ মূল হোৱা আছিল মাটিশ্ব আৰু আন্দ্ৰে ডিৰেইন ১৯০৪ চনৰ মাটিশ্বৰ প্ৰথমখন প্ৰদৰ্শনী বিশেষ সফল হোৱা নাছিল। উজ্জ্বল ৰঙৰ প্ৰতি তেখেতৰ আসক্তি আৰম্ভ হৈছিল ১৯০৪ চনত ছেইণ্ট ট্ৰ'পেজ-ত কটোৱা সময়ৰ পাছত। সেই সময়ত তেওঁ নব্য ইম্প্ৰেছনিষ্ট ধাৰা শিল্পী ছিনাক আৰু ৰি এডমাণ্ড ক্ৰছ )-ৰ লগত কাম কৰিছিল। সেই বছৰেই তেখেতেই নব্য-ইম্প্ৰেছনিছম ধাৰাৰ অতি গুৰুত্বপূৰ্ণ কৰ্ম অংকন কৰে। ১৯০৫ চনত ডিৰেইন-ৰ লগত তেখেতে কলিউৰ-লৈ যায় আৰু এই সময়ৰ ছবিত চেপেটা ক্ষেত্ৰ আৰু নিয়ন্ত্ৰিত ৰেখাৰ ব্যৱহাৰ দেখা যায়, তেখেতে 'বিন্দুবাদ' )-ৰ প্ৰয়োগ কৰাও দেখা যায়। এইখিনি সময়ত মাটিশ্ব আৰু সংগী শিল্পীসকলৰ শৈলীক 'বন্যবাদ' বুলি অভিহিত কৰা হয়, আৰু ১৯০৫ চনত তেওঁলোকৰ প্ৰদৰ্শনী অনুষ্ঠিত হয় -ত। মাটিশ্বে তেখেতৰ আৰু প্ৰদৰ্শন কৰে। তেওঁলোকে ছবিত প্ৰাকৃতিক ৰঙৰ পৰিৱৰ্তে ৰঙৰ উগ্ৰ বন্যতাৰ বাবেই শৈলীটোক বন্যবাদ বোলা হৈছিল। প্ৰদৰ্শন স্থলীত থকা নামৰ ভাস্কৰ্যক চাৰিওফালৰ ছবিৰ মাজত সমালোচকসকলে বুলি উল্লেখ কৰাৰ পাছতেও বন্যবাদ শব্দটো প্ৰচলিত হয়। প্ৰদৰ্শনীখন তীব্ৰভাৱে সমালোচিত হৈছিল, য'ত 'ৰঙৰ টেমা ৰাইজৰ মুখলৈ দলিওৱা' বুলি কোৱা হৈছিল। অৱশ্যে সমালোচক -এ যোগাত্মক মনোভাৱ দেখুৱাইছিল। অৱশ্যে তীব্ৰভাৱে সমালোচিত নামৰ ছবিখন বিক্ৰী হোৱা দেখি মাটিশ্ব কিছু পৰিমাণে আশস্ব হৈছিল। মাটিশ্ব আৰু ডিৰেইন-ক বন্যবাদৰ নায়ক বুলি ধৰা হয়। দুয়োগৰাকীৰ মাজত বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতা চলি থাকিছিল। গুস্তাভ ম'ৰিউ-য়ে এই শৈলীৰ অনুপ্ৰেৰণাদায়ক গুৰুৰ দায়িত্ব লৈছিল। তেখেতে ছাত্ৰসকলক প্ৰচলিত ধাৰণাৰ উৰ্ধলৈ গৈ নিজস্ব দৃষ্টিভংগীক অনুসৰণ কৰিবলৈ উদগনি দিছিল। ১৯০৭ চনলৈ মাটিশ্বৰ কিছু প্ৰশংসা হৈছিল যদিও, সামগ্ৰিক ভাৱে সমালোচিত হৈ আছিল আৰু তেখেতৰ বাবে ছবি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰাটো কঠিন হৈ আছিল। তেখেতৰ ছবি (১৯০৭)-ৰ প্ৰতিকৃতি দাহ কৰা হৈছিল ১৯১৩ চনত চিকাগো-ৰ -ত। বন্যবাদ-ৰ প্ৰভাৱ ১৯০৬-ৰ পাছলৈ খীণ হৈ আহিছিল যদিও মাটিশ্ব-ৰ চিত্ৰকৰ জীৱনত কোনো সলনি অহা আছিল। তেখেতৰ শ্ৰেষ্ঠ ছবিসমূহ ১৯০৬-ৰপৰা ১৯১৭ চনৰ ভিতৰত অঁকা। বিভিন্ন দেশ ভ্ৰমণ কৰি তেওঁ তাৰ শৈলী নিজৰ চিত্ৰাংকণত প্ৰয়োগ কৰিছিল। ১৯০৬ চনত আলজিৰিয়া ভ্ৰমণ কৰি তেওঁ প্ৰাচীন ছবিৰ শৈলী, ১৯০১ চনত মিউনিখ-ত অনুষ্ঠিত এক বিশাল প্ৰদৰ্শনীৰ পৰা ইছলাম শৈলী, স্পেইনত মুৰসকলৰ শৈলী, ১৯১২ আৰু ১৩ চনত দুবাৰকৈ মৰক্কো ভ্ৰমণ কৰি তাৰ শৈলী প্ৰয়োগ কৰি নিজৰ ছবিত ক'লা ৰঙৰ প্ৰয়োগ আৰম্ভ কৰে। ৰুছিয়াৰ কলা সংগ্ৰাহক ছেৰ্গেই ছুশ্বকিন-ৰ লগত মাটিশ্বৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল। ছুশ্বকিনৰ লগত হোৱা চুক্তি মৰ্মে তেখেতে দুখন প্ৰমুখ ছবি আৰু অংকন কৰে। গাৰট্ৰুড ষ্টেইন, মাটিশ্ব একাডেমি আৰু কোন ভগ্নীদ্বয় ১৯০৬ চনৰ এপ্ৰিলৰ সময়ছোৱাত মাটিশ্বে পাবলো পিকাছো-ক লগ পায় আৰু তেতিয়াৰপৰাই দুয়োৰে মাজত বন্ধুত্বৰ সূচনা হয়। ১১ বছৰে সৰু পিকাছোৰ লগত মাটিশ্বৰ জীৱনজোৰা বন্ধুত্বৰ লগতে প্ৰতিযোগিতাও আছিল; দুয়োৰে ছবিৰ তুলনাও প্ৰায়ে কৰা হয়। মাটিশ্বে প্ৰকৃতিৰ অনুপ্ৰেৰণাৰে ছবি অঁকাৰ বিপৰীতে পিকাছোৱে কল্পনাৰ ভিত্তিত ছবি আঁকিছীল। দুয়োগৰাকী শিল্পীয়ে নাৰী আৰু জড় বস্তুৰ ছবি বেছিকৈ অংকন কৰিছিল। দুয়ো প্ৰথমে লগ হৈছিল পেৰিছত--গাৰট্ৰুড ষ্টেইনৰ চ'ৰাত বিংশ শতাব্দীৰ প্ৰথমটো দশকত পেৰিছত থকা আমেৰিকানৰ এটা গোট--গাৰট্ৰুড ষ্টেইন, লিঅ' ষ্টেইন (গাৰট্ৰুডৰ ভাতৃ), মাইকেল ষ্টেইন আৰু মাইকেলৰ পত্নী ছাৰা ষ্টেইন--আছিল মাটিশ্বৰ ছবিৰ সংগ্ৰাহক আৰু সমৰ্থক। গাৰট্ৰুডৰ বন্ধুসকলৰ বাহিৰেও বাল্টিমোৰৰ কোন ভগ্নীদ্বয় ক্ৰমে ক্লেৰিবেল আৰু ইটা, এওঁলোকো আছিল মাটিশ্ব আৰু পিকাছো-ৰ পৃষ্ঠপোষক। কোন ভগ্নীদ্বয়ৰ সংগ্ৰহত থকা ছবি এতিয়া বাল্টিমোৰ কলা মিউজিয়াম-ত ৰখা হৈছে। ষ্টেইনৰ চ'ৰাত বহুতো শিল্পীৰ আহ-যাহ আছিল যদিও ছবৰে ছবি ষ্টেইনৰ চ'ৰা ২৭ ৰু ডি ফ্লেৰুছ-ত প্ৰদৰ্শিত হোৱা নাছিল। পিয়েৰ-আগষ্ট ৰেনোৱা, চেজান, মাটিশ্ব আৰু পিকাছো, কেউজনৰে ছবি লিঅ' আৰু গাৰট্ৰুডৰ সংগ্ৰহত আছিল, আনহাতে ছাৰা ষ্টেইনৰ সংগ্ৰহ ঘাইকৈ আহিল মাটিশ্বৰ ছবিৰ। লিঅ' আৰু গাৰট্ৰুডৰ সমকালীন হোৱা হেতুকে মাটিশ্ব আৰু পিকাছো তেওঁলোকৰ সামাজিক জীৱনৰ অংগ হৈ পৰিছিল আৰু নিয়মীয়াকৈ তেওঁলোকৰ বাসভৱনত ২৭ ৰু ডি ফ্লেৰুছত শনিবাৰৰ সন্ধিয়াত লগ হৈছিল। শনিবৰীয়া চ'ৰাৰ আৰম্ভণি মাটিশ্বৰ বাবেই হোৱা বুলি গাৰট্ৰুডে কৈছিল। মাটিশ্বৰ বন্ধমণ্ডলীৰ বাহিৰেও পিকাছোৰ বন্ধু-বান্ধৱো চ'ৰালৈ আহিছিল, তেওঁলোকৰ ভিতৰত প্ৰধান আছিল ফাৰ্নাণ্ডে অলিভিয়েৰ (পিকাছোৰ সংগিনী), জৰ্জ ব্ৰাক, আন্দ্ৰে ডিৰেইন; কবি মেক্স জেকব, গুইলেমি এপ'লিনেয়াৰ, মেৰি লৰেন্সিন (এপ'লেনিয়াৰৰ সংগিনী আৰু চিত্ৰশিল্পী) আৰু হেনৰি ৰুছো। মাটিশ্বৰ বন্ধু-বান্ধৱে তেখেতৰ বাবে অৰ্থদান দি স্থাপন কৰিছিল 'মাটিশ্ব একাডেমি'। পেৰিছ ব্যক্তিগত আৰু অব্যৱসায়িক চিত্ৰশিল্পৰ বিদ্যালয়। বিদ্যালয়খন ১৯০৭ চনৰপৰা ১৯১১ চনলৈ চলিছিল। বিদ্যালয়ৰ আটাইতকৈ নিয়মীয়া ছাত্ৰসকলৰ ভিতৰত আছিল হান্স পাৰমেন আৰু ছাৰা ষ্টেইন। মাটিশ্বে ১৯১২ চনত মৰক্কোলৈ গৈ তাত সাত মাহ কটাইছিল। এই সময়ছোৱাত তেখেতে ২৪খন পেইণ্টি আৰু বহুতো ছবি আঁকে। পাছৰ কালত দেখা পূৱৰ চিত্ৰকল্প এই সময়খিনিৰ অৱদান। নিৰ্বাচতি ছবি, পেৰিছ, ১৯০১-১৯১৭ পেৰিছৰ পাছত ১৯১৭ চনত মাটিশ্ব ফ্ৰান্স ৰিভিয়েৰাৰ চিমিয়েজ-লৈ আহে। নাইচ চহৰৰ অৱকণ্ঠ অঞ্চলৰ এই স্থানতে দহবছৰত অংকন কৰা ছবিসমূহত তেখেতৰ পদ্ধতি আগতকৈ ধীৰ আৰু নমনীয় দেখা যায়। তেখেতৰ "-এ প্ৰথমবিশ্বযুদ্ধ-ৰ পাছৰ সাধাৰণ চিত্ৰৰ শৈলী দেখুৱায়, যাক পিকাছো আৰু আইগৰ স্কি-ৰ নৱ্যধ্ৰূপদী ধাৰাৰ বুলি ধৰিব পাৰি। আনহাতে ডিৰেইন পাৰম্পৰিক ছবিৰ শৈলীলৈ উভতি যায়। তেখেতৰ পূবৰ দেশৰ ছবিসমূহত এই কালৰ ধৰ্ম দেখা যায়। তেখেত ছবি জনপ্ৰিয় হৈ আহিবলৈ ধৰিছিল যদিও, কিছূ সমকালীন সমালোচকে সেয়া অগভীৰ আৰু আলংকৰিক বুলি অভিহিত কৰিছিল। ১৯২০ চনৰ শেহৰফালে মাটিশ্বে আকৌ অন্যান্য শিল্পীৰ লগত সহযোগিতা কৰিবলৈ আৰম্ভ কৰে। মাটিশ্ব ফৰাচী, ডাচ্চ, জাৰ্মান, স্পেনীয় শিল্পীৰ লগত কাম কৰাৰ উপৰিও আনকি আমেৰিকান আৰু আমেৰিকাৰপৰা অহা প্ৰবাসী শিল্পীৰ লগতো কাম কৰিছিল। ১৯৩০ চনৰ পাছত তেখেতৰ ছবিত তেজ আৰু সাহসী সৰলীকৰণ লক্ষ্য কৰা যায়। আমেৰিকাৰ ছবি সংগ্ৰাহক এলবাৰ্ট চি. বাৰ্নেছৰ কথামতে 'বাৰ্নছ ফাউণ্ডেশ্বন'ৰ বাবে মাটিশ্বে এখন বৃহৎ ম্যুৰেল আঁকিবলৈ মান্তি হয়। ম্যুৰেলখনৰ নাম আছিল ম্যুৰেলখন অঁকাৰ কাম ১৯৩২ চনত শেষ হয়। একেটা ফাউণ্ডেশ্বনে মাটিশ্বৰ কেবাখনো ছবি সংগ্ৰহ কৰিছীল। অতিসৰলীকৰণ আৰু কাট-আউট পদ্ধতিক চমুৱাই অনাটো মাটিশ্বৰ আন এখন ছবি '-তো (১৯৩৫) দৃশ্যমান। প্ৰায় ছমাহজোৰা এই কামৰ সময়ত মাটিশ্বে কাম চলি থকা অৱস্থাত ২২খন ছবি তুলি ইটা কোন-লৈ প্ৰেৰণ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ কাল মাটিশ্বৰ ৪১ বছৰীয়া জীৱন-সংগিনীৰ লগত বিচ্ছেদ হয় ১৯৩৯ চনত। ১৯৪১ চনত মাটিশ্বে ক'ল'ষ্টমী অপাৰেশ্বন কৰাব লগীয়া হয়। ইয়াৰ পাছতেই তেওঁৰ জীৱন হুইল চেয়াৰতে আবদ্ধ হৈ থাকে। এগৰাকী ৰাছিয়ান নাৰী লিডিয়া ডেলেকট'ৰস্কায়া-ই তেখেতৰ দেখা-শুনাৰ ভাৰ লৈছিল। লিডিয়াই আগতে মাটিশ্বৰ ছবিৰ ম'ডেল হিচাপে কাম কৰিছিল। সহকাৰীসকলৰ সহায়ত তেখেতে পেপাৰ কাটি কলাজ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। প্ৰায়েই তেখেতৰ কলাজ আছিল বৃহৎ, যাক নাম দিয়া তেখেতৰ বিখ্যাত 'নীলা নগ্ন' ছিৰিজত তেখেতে 'কেঁচীৰে ছবি অঁকা' বুলি নাম দিয়া পদ্ধতিৰে প্ৰস্তুত কৰা। এই পদ্ধতিলৈ তেখেত ৰঙৰ ব্যহাৰ আৰু পৰিমিতি আনি তাক শক্তিশালী কৰি তোলে। ১৯৪০ চনত তেখেতে পেচাদাৰী ভাৱে আলোচনী আদিৰ বাবে ক'লা-বগা ছবি আঁকে আৰু লিথুগ্ৰাফ প্ৰস্তুত কৰে। তেখেতৰ এশতকৈ বেছি লিথুগ্ৰাফ পেৰিছৰ মৰ্লো ষ্টুডিঅ'ত পোৱা গৈছে। ১৯৪১ মাটিশ্বে ধাত্ৰীৰ বাবে দিয়া বিজ্ঞাপনৰ সূত্ৰ ধৰি মনিকা বুৰ্জোৱা মানে এগৰাকী ছোৱালী মাটিশ্বৰ সান্নিধ্যলৈ আহে। দুয়োৰে মাজত এক প্লেট'নিক সম্পৰ্ক গঢ়ী উঠে। তেওঁ জানিব পাৰিছিল ছোৱালীজনেও অপেচাদাৰী চিত্ৰশিল্পী, সেয়ে তেওঁ পৰিমিতি-ৰ শিক্ষা দিবলৈ আৰম্ভকৰে। চাকৰি এৰি যোৱাৰ পাছতো মাজে মাজে ছোৱালীজনীক ছবিৰ ম'ডেল হ'বলৈ আমন্ত্ৰণ দিছিল। বুৰ্জোৱা পাছলৈ 'ডমিনিকান নান' হৈছিলগৈ। গ্ৰীক ন'এল বিজয়ী কবি ওডিছাছ এলিটিছ আছিল মাটিশ্বৰ প্ৰশংসক আৰু বহু ক্ষেত্ৰত তেওঁ মাটিশ্বৰ উল্লেখ কৰিছিল। মাটিশ্ব ৰাজনৈতিকভাৱে সক্ৰিয় নাছিল। কিন্তু জীয়ৰী মাৰ্গাৰেটে 'ৰেজিষ্টান্স' বাহিনীত যোগদান কৰিছিল আৰু ধৰা পৰি অত্যাচাৰ সহিব লগীয়াত পৰিছিল। এই ঘটনাই মাটিশ্বক শোকাকূল কৰি তুলিছিল। মাৰ্গাৰেটক ৰেনেছ কাৰাগাৰলৈ নিয়া হৈছিল আৰু তাৰ পৰা ৰেভেন্সব্ৰুক কনচেনট্ৰেশ্বন কেম্পলৈ শাস্তিৰ বাবে যাবলৈ আদেশ দিয়া হৈছিল। কনচেণ্ট্ৰেশ্বন কেম্পলৈ যোৱা ৰেলৰপৰা পলাই মাৰ্গাৰেট মুকলি হয়, আৰু হাবিয়ে বননিয়ে কেবাদিনো ঘূৰি ফুৰাৰ পাছত নিজৰ সংগীসকলৰ দ্বাৰা উদ্ধাৰ পায়। ১৯৪৪ চনত মাটিশ্বৰ ছাত্ৰ ৰুডল্ফ লেভি-ৰ অশ্বৱিজ কনচেনট্ৰেশ্বন কেম্পত মৃত্যু হৈছিল। ১৯৪৭ চনত মাটিশ্বে প্ৰকাশ কৰি উলিয়ায় 'জেজ' নামৰ এখন পুস্তক। ইয়াত তেওঁ প্ৰায় এশখন কলাজৰ পূৰ্ণাংগ ৰঙীন ছবিৰ লগতে নিজৰ চিন্তাৰ লিখিত বিৱৰণ দিছিল। মাটিশ্বৰ কাট-আউটক ষ্টেনচিল প্ৰিণ্ট কৰি উলিয়াইছীল টেৰিয়াডে। জীৱনৰ শেহছোৱা ১৯৫১ চনত চাৰিটা বছৰ জোৰা এটা প্ৰজেক্ট চেপেল ডু ৰ'ছাইৰ ডি ভেন্স-ৰ অন্তৰমহলৰ দৃশ্যসজ্জা, খিৰিকী আৰু ঘৰৰ সজ্জাৰ কাম কৰিছিল। এই গীৰ্জাটোক মাটিশ্ব গীৰ্জা বুলি ওজনা যায়। মাটিশ্ব নিজে নাস্তিক আছিল যদিও বন্ধু বুৰ্জোৱা আৰু ভনী জেকুছ-মেৰীৰ অনুৰোধ মৰ্মে সেই কামৰ দায়িত্ব গ্ৰহণ কৰিছিল। 1992 2003 ১৯৫২ চনত নিজৰ কামৰ প্ৰদৰ্শনীৰ বাবে এক যাদুঘৰ স্থাপন কৰে। যাদুঘৰটোৰ নাম--মাটিশ্ব মিউজিয়াম (লা চেতু), এই যাদুঘৰত থকা মাটিশ্বৰ কলাৰ সংখ্যা সমগ্ৰ ফ্ৰান্সৰ ভিতৰতে তিনি নম্বৰ স্থানত। ডেভিড ৰকফেলাৰৰ মতে মাটিশ্বৰ শেষ কাম হৈছে পকেণ্টিকো পাহাৰৰ ইউনিয়ন গীৰ্জাৰ গ্লাছ-পেইণ্ট কৰা খিৰকী এখন। এই গীৰ্জা ৰকফেলাৰ ভূমিৰ উত্তৰ দিশে অৱস্থিত। ৰকফেলাৰৰ মতে খিৰিকীখন ১৯৫৬ চনত স্থাপন কৰা হৈছিল। ১৯৫৪ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মাটিশ্বৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৪ বছৰ। তেখেতৰ নশ্বৰ দেহ নাইচ চহৰৰ 'মনাষ্টেয়াৰ নট্ৰে ডেম ডে চিমিয়েজ' শ্মশানলৈ নি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। উত্তৰকাল ৰাজহুৱা ভাৱে সংগৃহীত মাটিশ্বৰ প্ৰথমখন ছবি আছিল (১৯১০), ইয়াক পিনাকোথেক ডেৰ মডাৰ্না-ত ৰখা হৈছে। তেখেতৰ (১৯৪৮)খন ২০০৫ চনত কিনি মিউজিয়াম অৱ মডাৰ্ন আৰ্টত ৰখা হয়। এইখনৰ হিচাপী মূল্য ২৫ নিযুত আমেৰিকান ডলাৰ। এই্ ছবিখন ১৯৭০ চনলৈ আৱিষ্কাৰ হোৱা নাছিল। ২০০২ চনত মাটিশ্বৰ এটা ভাস্কৰ্য বিক্ৰী হৈছিল অভিলেখ মূল্য ৯.২ নিযুত আমেৰিকান ডলাৰ মূল্যত। মাটিশ্বৰ জীয়ৰী মাৰ্গাৰেটে পাছলৈ মাটিশ্বৰ বিষয়ে অধ্যয়ন কৰা লোকক তেখেতৰ কাম কৰাৰ অন্তদৃষ্টি আদিৰ বিষয়ে জ্ঞান দিছিল। ১৯১২ চনত মাৰ্গাৰেটৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতে দেউতাকৰ ছবিৰ তালিকা এখন প্ৰস্তুত কৰি আছিল। মাটিশহবৰ পুত্ৰ পিয়েৰ মাটিশ্বে (১৯০০-১৯৮৯) নিউ-য়ৰ্কত এখন আৰ্ট গেলাৰী স্থাপন কৰে। ১৯৮৯ চনত তেখেতৰ মৃত্যুৰ সময়লৈকে এই আৰ্ট গেলেৰী সক্ৰিয় হৈ আছিল। মাটিশ্বৰ নাতি পল মাটিশ্ব এজন চিত্ৰশিল্পী আৰু আৱিষ্কাৰক; বাসস্থান ছ। তেওঁৰ নাতিনী ছফি মাটিশ্বো এগৰাকী চিত্ৰশিল্পী। লা হেৰিটিয়েৰ্ছ মাটিশ্ব তেখেতৰ গৃহীত কাৰ্যালয়। কৰ্মৰ অসম্পূৰ্ণ তালিকা (1894), (1898), (1902), (1905) (1905) (1905) (1905) (1905) (1906) (1906) (1906) (1907) (1907), (1908) (1908), (1909) (1910) (1911) (1908–1912) (1912) (1912) (1912) (1915) (1916), (1917), (1917) (1917) (1920) (1923), (1923), (1926) (1932), (45 15 (1937) (1937) 1940 1940) (1940) (1940) (1940), (1943) (1944), (1946) (1947) (1947) (1948) (1948–1951) (1950) (1951) (1952) (1952) (1952) (1952) (1953) (1954) 47 1961. জনপ্ৰিয় মাধ্যমত চলচ্চিত্ৰত 'মাষ্টাৰপিচ' নামে এখন চিনেমা তেখেতৰ জীৱন আৰু ম'নিকা বুৰ্জোৱাৰ লগত তেখেতৰ সম্পৰ্কৰ ওপৰত নিৰ্মাণ। কৰাৰ প্ৰস্তুতি কৰা হৈছে। ছবিখনৰ পৰিচালক দীপা মেহতা আৰু মেটিশ্বৰ ভূমিকাত আছে এল পেচিন'। ২০১১ চনৰ চলচ্চিত্ৰত মাটিশ্বৰ ভূমিকাত অভিনয় কৰিছিল ভেছ-এণ্টইন স্প'ট'-ৱে। সাহিত্যত ৰে ব্ৰেডবেৰীৰ চুটি গল্প "-ত মাটিশ্বৰ উল্লেখ আছে। লাঠী এডালত চকু এটা আঁকি এজন ব্যক্তিক সেইটো নকল চকু হিচাপে ব্যৱহাৰ কৰিবলৈ দিছিল। গল্প/ৰচনা ,1908 ,1930. 1947 1973. 0-7148-1518-7 1941 2013. 978-1-60606-128-2 তথ্য-সূত্ৰ তথ্য-সমল 1951. 0-87070-469-9; 978-0-87070-469-7. 2006. 978-3791334738. 2007. 978-2-84668-131-5. 1916–1930. 1986. 978-0810914421. 1960. 1979. 0-19-520157-4. 2005. 978-2754100434. 16:1 2009), 51–59. 1999, 0-8109-4378-6 1984. 0-8478-0546-8. 1, 1869–1908. 1998. 0-679-43428-3. 2, 1909–1954. 2005. 0-241-13339-4. 2006. 0-691-11830-2. অধিক জানিবলৈ 1966, 28–33. বৰ্হি-সংযোগ 21 500 1910 চিত্ৰশিল্পী ফ্ৰান্সৰ
98349
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%A4%E0%A6%BF%E0%A7%B0%E0%A6%BE%E0%A6%AE%20%E0%A6%AC%E0%A7%B0%E0%A6%BE%20%E0%A6%89%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%A4%E0%A7%B0%20%E0%A6%AE%E0%A6%BE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%AE%E0%A6%BF%E0%A6%95%20%E0%A6%AC%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AA%E0%A7%80%E0%A6%A0
মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠ
মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠ নগাঁও চহৰৰ মাজ-মজিয়াত প্ৰতিষ্ঠিত এটি শিক্ষানুষ্ঠান। ১৯৫৭ চনত স্থাপন কৰা এই বিদ্যালখনে ইতিমধ্যেই সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে। উচ্চতৰ শাখাত কলা বিভাগৰ দুটা শ্ৰেণী আৰু ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ দুটাকৈ শাখাৰে বৰ্তমান প্ৰায় ৮৫০ গৰাকী ছাত্ৰী এই বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি আছে। ১৯৭৮ চনত প্ৰাদেশিকীকৰণ হোৱা আৰু ১৯৮৫ চনত উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱা বিদ্যালয়খনিৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল জোনাৰাম বৰা। ইতিহাস পোনতে ফৌজদাৰীপট্টি এলেকাতগুণাভিৰাম বৰুৱাৰ নামকৰণত এখন এম.ই. স্কুল স্থাপিত হৈছিল। পিছত এই স্থানতে এখন হাইস্কুল স্থাপন হ’ব লাগে বুলি সচেতন ৰাইজে মতপোষণ কৰাত বিদ্যালয়খনিৰ বাবে গঠন কৰা কাৰ্যনিৰ্বাহক সমিতিয়ে ২৮-০৩-১৯৫৭ তাৰিখৰ সভাত বিদ্যালয়খনিৰ নাম গুণাভিৰাম বৰুৱাৰ নামত হ’ব লাগে বুলি স্থিৰ কৰিছিল। এই বিদ্যালয়খনিৰ প্ৰথম প্ৰধান শিক্ষক আছিল জোনাৰাম বৰা। ১৯৬২ চনৰ ৫ আগষ্টত জোনাৰাম বৰাৰ মৃত্যু হোৱাত বিদ্যালয়ৰ প্ৰধান শিক্ষকৰূপে দায়িত্ব দিয়া হয় শশীপ্ৰভা বৰাক। ১৯৬৩ চনৰ পৰা সপ্তম আৰু অষ্টম শ্ৰেণী খোলা হয়। সেই বছৰৰে অক্টোবৰ মাহত নগাঁৱত নানা জনহিতকৰ কাম কৰা প্ৰাক্তন মন্ত্ৰী মতিৰাম বৰাৰ মৃত্যু হয়। ১৯৬৫ চনৰ ২৮ ফেব্ৰুৱাৰীত বিজয়া দাসক প্ৰধান শিক্ষয়িত্ৰী নিয়োগ কৰা হয় আৰু গৃহৰ অভাৱত “মহেন্দ্ৰ বৰা প্ৰাথমিক বিদ্যালয়’’ত শ্ৰেণীসমূহৰ পাঠদান কৰিবলৈ লয়। ১৯৬৫ চনৰ মাৰ্চ মাহত বিদ্যালয়ৰ কাৰ্যনিৰ্বাহক সভাই বিদ্যালয়খন উচ্চ মাধ্যমিকলৈ উন্নীত কৰাৰ যাৱতীয় কাম আৰম্ভ কৰে আৰু ৰজনীকান্ত বৰাক প্ৰধান শিক্ষক নিযুক্ত কৰে। ৰজনীকান্ত বৰাৰ আকস্মিক মৃত্যু হোৱাত ১৯৬৬ চনৰ ৯ মাৰ্চত নুৰমহল বেগমক প্ৰধান শিক্ষকৰ দায়িত্বভাৰ দিয়া হয়। ১৯৬৬ চনৰ ২৪ অক্টোবৰত সভাৰ সিদ্ধান্তমৰ্মে গুণাভিৰাম এম.ই. স্কুলক মতিৰাম বৰা উচ্চ মাধ্যমিক বালিকা বিদ্যাপীঠ নামকৰণেৰে একেলগ কৰা হয়। ১৯৭৩ চনৰ ১ জানুৱাৰীত বিদ্যালয়খনে চৰকাৰী স্বীকৃতি লাভ কৰে। ১৯৮৫ চনৰ ১৪ নৱেম্বৰত বিদ্যালয়খনি উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰাত ই বৰ্তমানৰ “মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠ’’ নামেৰে পৰিচিত হৈ আছে। নামকৰণ তেতিয়াৰ অসম বিধান সভাৰ বিৰোধী দলপতি লক্ষ্মীপ্ৰসাদ গোস্বামী ফৌজদাৰীপট্টিৰ বাসিন্দা হোৱা হেতুকে ঠাইখনৰ উন্নতিৰ বাবে এই এলেকাটোত এখনি ছোৱালী হাইস্কুল হ’ব লাগে বুলি দৃঢ় মত পোষণ কৰি সেই সময়ৰ মুখ্যমন্ত্ৰী বিমলাপ্ৰসাদ চলিহাক অৱগত কৰিছিল আৰু তেওঁৰ সন্মতিত স্কুল স্থাপনৰ বাবে আগবঢ়া হৈছিল। মতিৰাম বৰাই যিহেতু অঞ্চলটোত বহু জনহিতকৰ কাম কৰি থৈ গৈছে, গতিকে তেওঁৰ স্মৃতিতে বিদ্যালয়খনি হ’ব লাগে বুলি সকলোৱে সহমত প্ৰকাশ কৰে। বিদ্যালয় সংগীত বিদ্যালয়ৰ সোণালী জয়ন্তীত মিত্ৰদেৱ মহন্তৰ জীয়াৰী ৰেণু মহন্তই বিদ্যালয়ৰ বাবে এটি সংগীত ৰচনা কৰে। ৰেণু মহন্ত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ। গীতটিত সুৰাৰোপ কৰে বিদ্যালয়ৰে শিক্ষক যতীন্দ্ৰনাথ মহন্তই। কৰ্মযোদ্ধা মতিৰাম বৰাএটি যুগজয়ী নাম।সেই নামেৰে উজ্জ্বলিছে আজিআমাৰ বিদ্যাধাম। নাৰী শিক্ষা প্ৰসাৰতাৰেবোৱাই আনিলা বান,বিদ্যাপিয়াসী আমি মধুকৰউমানতে পালোঁ জ্ঞান। নিষ্ঠা আৰু একাগ্ৰতাৰেলভিছোঁ পৰম জ্ঞানআমি পালোঁ সমশিক্ষাতুলনাবিহীন দান। আমাৰ শিক্ষা গুৰুআৰু শিক্ষাদাতৃ মাতৃঅভিন্ন হিয়াৰে সান্নিধ্যগঢ়িলে মনৰ স্থিতি। এনে ত্যাগৰ চিৰঋণীকিনো দিম প্ৰতিদানযুগে যুগে নতশিৰেপ্ৰণমিছোঁ অবিৰাম। বিদ্যালয়ৰ আলোচনী সোণালী জয়ন্তী বৰ্ষৰ পৰাই বিদ্যালয়ে বছৰে একোখন আলোচনী উলিয়াই আছিল যদিও অদৃশ্য কাৰণত বৰ্তমান তাৰ প্ৰকাশ বন্ধ হৈ আছে। ২০১২ চনৰ পৰা বিদ্যালয়ৰ বছৰেকীয়া মুখপত্ৰৰ ঠাইত আলোচনীখনৰ নাম “জ্ঞানবোধিকা’’ ৰখা হয়। এইক্ষেত্ৰত আগভাগ লয় সেইবছৰৰ আলোচনীৰ তত্ত্বাবধায়কদ্বয় পূৰ্ণিমা চৌধুৰী আৰু অনুৰাগ মহন্তই। ২০১৫ চনৰ পৰা বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীৰ প্ৰত্যেক শাখাৰ পৰা ভিন্ন ভিন্ন নামেৰে একোখনি তিনিমহীয়া প্ৰাচীৰ প্ৰত্ৰিকাও প্ৰকাশ কৰা হৈছিল। দুবছৰমান ধাৰাবাহিকভাবে প্ৰকাশ পোৱাৰ পাছত বৰ্তমান প্ৰত্ৰিকাসমূহ স্থবিৰ হৈ পৰিছে। সৰ্বশিক্ষা অভিযানে “জ্ঞান সাগৰ’’ নামৰ ৩২ পৃষ্ঠাৰ আলোচনী প্ৰকাশৰ বাবে দিয়া ১৫০০টকীয়া অনুদানেৰে এটা সংখ্যা “জ্ঞানসাগৰ’’ প্ৰকাশ পোৱাৰ পিছত সিয়ো বন্ধ হৈ আছে। আন্তঃগাঁথনি বহু কষ্টৰ মূৰকত গঢ় লৈ উঠা বিদ্যালয়খনৰ বাবে মুঠ মাটিকালি একবিঘা, তিনি কঠা, সোতৰ লোচা মাটি আবন্তিত হৈছিল যদিও চৌহদৰ পকী বেৰ আৰু চৌপাশৰ নলাৰ বাবে ইয়াৰ পৰিমাণ কমি আহিছে। পাঠদানৰ বাবে তিনিমহলীয়া এটা ঘৰ ব্যৱহাৰ কৰাৰ লগতে প্ৰেক্ষাগৃহটোও ব্যৱহাৰ কৰা হয়। প্ৰেক্ষাগৃহৰ নামত এখন মঞ্চৰে সৈতে সৰু হলঘৰ এটা আছে। ৰাজীৱ গান্ধী কম্পিউটাৰ আঁচনিৰ অধীনত কম্পিউটাৰ শিক্ষাৰ বাবে এটা সৰু কোঠা আছে, য’ত দহটামান কম্পিউটাৰত ছাত্ৰীসকলক শিক্ষা দিয়া হয়। খেল-ধেমালিৰ বাবে খেলপথাৰৰ অভাৱ। আনকি প্ৰাৰ্থনাৰ সময়ত শৃংখলাৱদ্ধভাবে সমবেত হ’বকৈ মুকলি ঠায়ো কম। শিক্ষকৰ জিৰণী কোঠা, ৰন্ধন গৃহ, কাৰ্যালয় গৃহ আৰু এটা সৰু ভঁৰালঘৰ আছে৷ বিধায়ক পুঁজিৰ ধনেৰে বৰ্তমান নতুনকৈ নিৰ্মিত দুকোঠালীয়া ভৱনটোৰ সম্মুখত ২০০৭ চনতেই স্থানীয় সমাজ সচেতন অন্যান্য ব্যক্তিৰ লগতে প্ৰদীপ আগৰৱালা আৰু বিদ্যালয়ৰ শিক্ষক অনুৰাগ মহন্তৰ চেষ্টাত মতিৰাম বৰাৰ মাৰ্বলেৰে এটা আৱক্ষ মূৰ্তি নিৰ্মাণ কৰা হয়। এখেতসকলৰ প্ৰচেষ্টাতে সোণালী জয়ন্তী বৰ্ষৰ আদৰণী কাৰ্যসূচীৰ আগে আগে বিদ্যালয়ৰ বাবে এখন নামাংকিত তোৰণো সজা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষকসকল প্ৰতিষ্ঠাকালৰে পৰা কাৰ্যনিৰ্বাহ কৰা মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যাপীঠৰ প্ৰধান শিক্ষক/অধ্যক্ষসকল হ’ল:- শিক্ষক-শিক্ষয়িত্ৰী পদ অনুপাতে বিদ্যালয়খনিত শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা ৪০ গৰাকী যদিও বৰ্তমান ত্ৰিশতকৈও কম শিক্ষকেৰে পাঠদান কৰিবলগীয়া হৈ আছে। বিদ্যালয়খনিৰ বৰ্তমানৰ অধ্যক্ষ দিপ্তী হাজৰিকা। পুথিভঁৰাল মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠত প্ৰায় দুহেজাৰমান মূল্যবান পুথিৰে এটি পুথিভঁৰাল আছে। এটি সৰু কোঠাত পুথিসমূহ মজুত কৰি ৰখা হৈছে। অধ্যয়নৰ বাবে পঢ়ন-কোঠা নাই। বৰ্তমান পুথিৰ সংখ্যা বৃদ্ধি হৈছে। পুথিভঁৰালীৰ অভাৱত এগৰাকী শিক্ষয়িত্ৰীয়ে ইয়াৰ দায়িত্ব পালন কৰি ছাত্ৰীসকলক নিয়মীয়াকৈ পুথি ধাৰলৈ দি আছে। তথ্য সূত্ৰ অসমৰ শৈক্ষিক প্ৰতিষ্ঠান অসমৰ
66596
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%97%E0%A6%AE%20%E0%A6%86%E0%A6%96%E0%A6%9F%E0%A6%BE%E0%A7%B0
বেগম আখটাৰ
আখটাৰীবাঈ ফৈজাবাদী জনপ্ৰিয়ভাবে বেগম আখটাৰ ১০ জানুৱাৰী ১৯১৪ ৩০ অক্টোবৰ ১৯৭৪) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী তথা অভিনেত্ৰী। তেওঁক হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ গজল, দাদৰা আৰু থুমৰি ধাৰাৰ অন্যতম শ্ৰেষ্ঠ কণ্ঠশিল্পী হিচাপে গণ্য কৰা হয়। তেওঁক 'মল্লিকা-এ-গজল' বুলি অভিহিত কৰা হয়। ১৯৭২ চনত কণ্ঠসংগীতৰ বাবে বেগম আখটাৰে সংগীত নাটক একাডেমী বঁটা লাভ কৰে। ১৯৬৮ চনত ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী আৰু ১৯৭৫ চনত মৰণোত্তৰভাৱে তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। প্ৰাৰম্ভিক জীৱন ১৯১৪ চনৰ ৭ অক্টোবৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত ইউনাইটেড প্ৰভিঞ্চ (বৰ্তমান উত্তৰ প্ৰদেশ) ফৈজাবাদত আখটাৰীবাঈ ফৈজাবাদীৰ জন্ম হৈছিল। তেওঁ উকীল আচগৰ হুছেইন আৰু তেওঁৰ দ্বিতীয় পত্নী মুস্তাৰীৰ কন্যা আছিল। আচগৰ হুছেইনে পৰৱৰ্তী সময়ত মুস্তাৰী আৰু তেওঁৰ যমজ কন্যাদ্বয় জোহৰা আৰু বিব্বিক (পিছত বেগম আখতাৰ বুলি জনাজাত) অস্বীকাৰ কৰিছিল। কৰ্মজীৱন মাত্ৰ সাত বছৰ বয়সত তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰ গোটৰ সৈতে সংলগ্ন এগৰাকী শিল্পী চন্দ্ৰা বাঈৰ সংগীতৰ দ্বাৰা মোহিত হৈছিল। অৱশ্যে তেওঁৰ খুড়াৰ প্ৰচেষ্টাত তেওঁক পাটনাৰ মহান সাৰংগী বাদক ওস্তাদ ইমদাদ খানৰ অধীনত প্ৰশিক্ষণ লবলৈ প্ৰেৰণ কৰা হৈছিল। পিছত পাটিয়ালাৰ আতা মহম্মদ খানৰ অধীনতো তেওঁ সংগীত শিক্ষা লাভ কৰিছিল। পিছলৈ তেওঁ মাকৰ সৈতে কলিকতা ভ্ৰমণ কৰিছিল আৰু মহম্মদ খান, লাহোৰৰ আব্দুল ৱাহিদ খানৰ দৰে ধ্ৰুপদী সংগীতৰ বিখ্যাত সংগীতজ্ঞসকলৰ পৰা সংগীত শিকিছিল। অৱশেষত তেওঁ ওস্তাদ ঝাণ্ডে খানৰ শিষ্য হয়। পোন্ধৰ বছৰ বয়সত তেওঁ প্ৰথম ৰাজহুৱাকৈ নিজৰ কলা প্ৰদৰ্শন কৰিছিল। বিখ্যাত কবি সৰোজিনী নাইডুৱে ১৯৩৪ চনৰ নেপাল-বিহাৰ ভূমিকম্পৰ ভুক্তভোগীসকলৰ সহায়ত আয়োজিত এক কনচাৰ্টৰ সময়ত তেওঁৰ গীতৰ প্ৰশংসা কৰিছিল। এই প্ৰশংসায়ে তেওঁক অধিক উৎসাহেৰে গজল গোৱা অব্যাহত ৰাখিবলৈ উৎসাহিত কৰিছিল। তেওঁ সেই সময়ত মেগাফোন ৰেকৰ্ড কোম্পানীৰ বাবে প্ৰথম ডিস্ক মুকলি কৰিছিল। তেওঁৰ গজল, দাদৰা, থুমৰী আদিৰে কেইবাটাও গ্ৰামোফোন ৰেকৰ্ড মুকলি কৰা হৈছিল। তেওঁ ৰাজহুৱা সংগীতানুষ্ঠান প্ৰদান কৰা প্ৰাৰম্ভিক মহিলা গায়কসকলৰ ভিতৰত আছিল আৰু মেহফিল বা ব্যক্তিগত সমাবেশত গান গোৱাৰ পৰা বিৰত থাকিছিল। পিছলৈ তেওঁ মল্লিকা-এ-গজল (গজলৰ ৰাণী) বুলি জনা গৈছিল। বেগুম আখতাৰৰ সুন্দৰ চেহেৰা আৰু সংবেদনশীল কণ্ঠই তেওঁক তেওঁৰ প্ৰাৰম্ভিক বছৰবোৰত চলচ্চিত্ৰ কেৰিয়াৰৰ বাবে আদৰ্শ প্ৰাৰ্থী কৰি পেলাইছিল। গৌহৰ জান আৰু মালাক জানৰ দৰে মহান সংগীতজ্ঞসকলৰ কথা শুনি তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতত কেৰিয়াৰৰ বাবে চলচ্চিত্ৰ বিশ্বৰ গ্লেমাৰ এৰিবলৈ সিদ্ধান্ত লৈছিল। ধ্ৰুপদী সংগীতৰ দাদৰা, থুমৰী আদিত তেওঁ সৰ্বোচ্চ শিল্পীতাৰ পৰিচয় দাঙি ধৰিছিল। মুখ্যতঃ শাস্ত্ৰীয় সংগীতত তেওঁৰ প্ৰদৰ্শনী বাছনি কৰিছিল আৰু বিভিন্ন ধৰণৰ ৰাগ সৰলৰ পৰা জটিললৈকে আয়ত্ত কৰিছিল। ভাৰতত টকি যুগৰ আগমনৰ পিছত ১৯৩০ ৰ দশকত বেগুম আখটাৰে কেইখনমান হিন্দী চিনেমাত অভিনয় কৰিছিল। কলিকতাৰ ইষ্ট ইণ্ডিয়া ফিল্ম কোম্পানীয়ে ১৯৩৩ চনত 'কিং ফৰ এ ডে' (ওৰফে এক দিন কা বাদশ্বাহ) আৰু 'নল দময়ন্তী' অভিনয় কৰিবলৈ তেওঁক প্ৰস্তাৱ আগবঢ়াইছিল। সেই যুগৰ আনৰ দৰে তেওঁ নিজৰ সকলো ছবিত নিজেই গান গাইছিল। পৰৱৰ্তী বছৰসমূহত তেওঁ অভিনয় অব্যাহত ৰাখিছিল। তাৰ পিছত বেগম আখটাৰ লক্ষ্ণৌলৈ উভতি আহে আৰু বিখ্যাত প্ৰযোজক-পৰিচালক মেহবুব খানৰ ১৯৪২ চনত মুক্তি পোৱা 'ৰটি'ত অভিনয় কৰিছিল। ইয়াত সংগীত অনিল বিশ্বাসে ৰচনা কৰিছিল। 'ৰটি'ত তেওঁৰ ছয়টা গজল আছিল কিন্তু দুৰ্ভাগ্যবশতঃ প্ৰযোজকৰ সৈতে কিছু সমস্যাৰ বাবে মেহবুব খানে পৰৱৰ্তী সময়ত ছবিখনৰ পৰা তিনি বা চাৰিটা গজল বিলোপ কৰে। সকলো গজল মেগফোন গ্ৰামোফোন ৰেকৰ্ডত উপলব্ধ কৰোৱা হৈছিল। ইতিমধ্যে বেগম আখটাৰে বোম্বাই এৰি লক্ষ্ণৌলৈ উভতি আহিছিল। আখটাৰীবাঈ ফৈজাবাদী, আখটাৰী বেগম আখটাৰ হিচাপে বহুতো চলচ্চিত্ৰৰ ক্ৰেডিটত তেওঁৰ নাম বেলেগভাৱে দেখা গৈছিল। ১৯৪৫ চনত আখটাৰী বাঈয়ে লক্ষ্ণৌৰ এজন বেৰিষ্টাৰ ইষ্টিয়াক আহমেদ আব্বাচীক বিয়া কৰায় আৰু বেগম আখটাৰ বুলি জনাজাত হয়। অৱশ্যে বিবাহৰ পিছত তেওঁৰ স্বামীৰ নিষেধাজ্ঞাৰ বাবে প্ৰায় পাঁচ বছৰ ধৰি গান গাব পৰা নাছিল। ইয়াৰ বাবে তেওঁ অসুস্থ আৰু আৱেগিকভাৱে হতাশাগ্ৰস্ত হৈ পৰিছিল। তেতিয়াযেতিয়া তাইৰ সংগীতলৈ ঘূৰি অহাটো এক উপযুক্ত প্ৰতিকাৰ হিচাপে নিৰ্ধাৰিত কৰা হয় আৰু ১৯৪৯ চনত তেওঁ ৰেকৰ্ডিং ষ্টুডিঅ'লৈ উভতি আহিছিল। তেওঁ লক্ষ্ণৌ আকাশবাণী কেন্দ্ৰত তিনিটা গজল আৰু এটা দাদৰা গাইছিল। তাৰপিছত তেওঁ কান্দিবলৈ আৰম্ভ কৰিছিল আৰু সংগীতানুষ্ঠানত গান গাবলৈ আৰম্ভ কৰিছিল। এই ধাৰা তেওঁ মৃত্যুৰ আগলৈ অব্যাহত ৰাখিছিল। ১৯৬২ চনত চীনৰ সৈতে ভাৰতৰ যুদ্ধৰ সহায়তাৰ উদ্দেশ্যেৰে আয়োজিত মহিলাৰ একমাত্ৰ কনচাৰ্টতত তেওঁ লক্ষ্ণৌত ৰাজহুৱাভাৱে গান গাইছিল। তেওঁৰ কণ্ঠস্বৰ সময়ৰ সৈতে পৰিপক্ব হৈছিল লগতে সমৃদ্ধি আৰু গভীৰতা অৰ্জন কৰিছিল। তাই গজল আৰু অন্যান্য কোমল ধ্ৰুপদী গীত গাইছিল। তেওঁৰ এক সুকীয়া অমিয় শৈলী আছিল। তেওঁৰ কৃতিত্বত প্ৰায় চাৰিশ গান আছে। তেওঁ আকাশবাণীৰ এগৰাকী নিয়মীয়া প্ৰদৰ্শক আছিল। তাই সাধাৰণতে নিজৰ গজল নিজেই ৰচনা কৰিছিল আৰু তাইৰ বেছিভাগ ৰচনা ৰাগ আধাৰিত আছিল। তেওঁ কালজয়ী বঙালী শাস্ত্ৰীয় গান 'জোচোনা কোৰেচে আৰি' গীতটো গাইছিল। ২০১৭ চনৰ ৭ অক্টোবৰ তাৰিখে গুগলে তেওঁৰ ১০৩ তম জন্মদিনৰ উদযাপনত এটা ডুডাল প্ৰফাইল উৎসৰ্গা কৰে। মৃত্যু ১৯৭৪ চনত তিৰুবনন্তপুৰমৰ ওচৰৰ বলৰামাপুৰমত তেওঁৰ অন্তিম কনচাৰ্টৰ সময়ত তেওঁ তেওঁৰ কণ্ঠস্বৰ বহু উচ্চলৈ উত্থাপন কৰিছিল। কিয়নো তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ গীতটো সিমান ভাল হোৱা নাই যিমান তেওঁ বিচাৰিছিল আৰু অসুস্থ অনুভৱ কৰিছিল। তেওঁ নিজকে দিয়া চাপৰ ফলত অসুস্থ হৈ পৰিছিল আৰু ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। ১৯৭৪ চনৰ ৩০ অক্টোবৰ তাৰিখে তেওঁৰ বন্ধু নীলম গামাডিয়াৰ বাহুত মৃত্যু হৈছিল। নীলম গামাডিয়াই তেওঁক আহমেদাবাদলৈ আমন্ত্ৰণ কৰিছিল। এয়া তেওঁৰ অন্তিম ৰাজহুৱা প্ৰদৰ্শন হৈ পৰিছিল। তেওঁৰ সমাধি লক্ষ্ণৌৰ ঠাকুৰগঞ্জ অঞ্চলৰ 'পছন্দ বাগ'ত তেওঁৰ ঘৰৰ ভিতৰত এটা আমৰ বাগান আছিল। তেওঁক তেওঁৰ মাক মুস্তাৰী চাহিবাৰ সৈতে সমাধিস্থ কৰা হৈছিল। অৱশ্যে বহু বছৰ ধৰি বাগিচাখনৰ বেছিভাগ বৰ্ধিত চহৰৰ হেঁচাত হেৰাই গৈছে। ২০১২ চনত ৰঙা ইটাৰ বেষ্টনীত সংলগ্ন মাৰ্বেলৰ সৈতে তেওঁৰ সমাধিস্থল পুনৰুদ্ধাৰ কৰা হৈছিল। লক্ষ্ণৌৰ চাইনা বজাৰত ১৯৩৬ চনত নিৰ্মিত তেওঁৰ ঘৰখন এখন সংগ্ৰহালয়লৈ ৰূপান্তৰ কৰাৰ চেষ্টা কৰা হৈছে। তেওঁৰ শিষ্য শান্তি হিৰন্দে যি পিছত পদ্মশ্ৰী লাভ কৰিছিল তেওঁৰ এখন জীৱনী 'বেগম আখটাৰ: ষ্টৰী অফ মাই আম্মী' (২০০৫) ৰচনা কৰিছিল। কলা সমালোচক এছ কালিদাসে তেওঁৰ জীৱনৰ ওপৰত 'হাই আখটাৰী' নামৰ এখন তথ্যচিত্ৰ পৰিচালনা কৰিছিল। ১৯৯৪ চনত ভাৰত চৰকাৰে তেওঁৰ সন্মানৰ্থে এলানি ডাক টিকট প্ৰকাশ কৰিছিল। বঁটা আৰু সন্মান ১৯৬৮: পদ্মশ্ৰী ১৯৭২: সংগীত নাটক একাডেমী বঁটা ১৯৭৫: পদ্মভূষণ (মৰণোত্তৰভাবে) তথ্য উৎস বাহ্যিক সংযোগ বেগম আখটাৰৰ জীৱনী ভাৰতৰ ব্যক্তি মৃত ব্যক্তি ভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পী ভাৰতীয় অভিনেত্ৰী সংগীত নাটক একাডেমী বঁটা বিজয়ী পদ্মশ্ৰী বঁটা বিজয়ী পদ্মভূষণ বঁটা
5689
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%AE%E0%A7%80%20%E0%A6%AC%E0%A6%BF%E0%A6%AC%E0%A7%87%E0%A6%95%E0%A6%BE%E0%A6%A8%E0%A6%A8%E0%A7%8D%E0%A6%A6
স্বামী বিবেকানন্দ
স্বামী বিবেকানন্দ এগৰাকী ভাৰতীয় হিন্দু সন্ন্যাসী, দাৰ্শনিক, লেখক, ধৰ্মগুৰু আছিল। তেওঁৰ প্ৰকৃত নাম আছিল নৰেন্দ্ৰনাথ দত্ত। তেওঁ ঊনবিংশ শতাব্দীৰ প্ৰসিদ্ধ হিন্দু ধৰ্মগুৰু ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্য আৰু ৰামকৃষ্ণ মিশ্যনৰ প্ৰতিষ্ঠাপক আছিল। স্বামী বিবেকানন্দই ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত বেদান্ত আৰু যোগশাস্ত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। ঊনবিংশ শতাব্দীৰ শেষভাগত হিন্দু ধৰ্মক বিশ্বজনীন ধৰ্মৰ স্তৰত উন্নীত কৰা তথা সৰ্বধৰ্মসমন্বয় চেতনাৰ বিস্তাৰত তেওঁৰ ভূমিকা অনস্বীকাৰ্য। আধুনিক ভাৰতত হিন্দু পুনৰ্জাগৰণৰ প্ৰধান ব্যক্তিজন বিবেকানন্দই আছিল। তেওঁৰ সৰ্বাধিক খ্যাতি ১৮৯৩ চনত বিশ্বধৰ্ম মহাসভাত "আমেৰিকান ভাতৃ আৰু ভগ্নী"সকলৰ উদ্দেশ্যে প্ৰদত্ত তেখেতৰ বিখ্যাত বক্তৃতাটোৰ মাধ্যমত প্ৰাশ্চাত্য সমাজত হিন্দুধৰ্মৰ পৰিচয় প্ৰদানত ব্যাপক ভূমিকা গ্ৰহণ কৰে। ১৮৬৩ চনত কলকাতাৰ এক সম্ভ্ৰান্ত কায়স্থ পৰিয়ালত স্বামী বিবেকানন্দৰ জন্ম। তেওঁৰ চিন্তা-চেতনাৰ অন্যতম অনুপ্ৰেৰণা আছিল তেওঁৰ যুক্তিবাদী পিতা আৰু ধৰ্মপ্ৰাণা জননী। ল’ৰালি কালৰ পৰাই তেওঁৰ মাজত আধ্যাত্মপিপাসা আৰু গভীৰ ঈশ্বৰানুৰাগ পৰিলক্ষিত হয়। ঈশ্বৰক প্ৰত্যক্ষ কৰা এনে এক ব্যক্তিৰ সন্ধানত ওলাইয়ে তেওঁ ৰামকৃষ্ণৰ সান্নিধ্যলৈ আহে আৰু পাছলৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰে। গুৰু শ্ৰীৰামকৃষ্ণই তেওঁক অদ্বৈত বেদান্তৰ শিক্ষা দিয়ে। তেওঁৰ পৰাই বিবেকানন্দই শিকে যে সকলো ধৰ্মই সত্য আৰু মানুহৰ সেৱাই সৰ্বোৎকৃষ্ট ঈশ্বৰোপাসনা। গুৰুৰ মৃত্যুৰ পাছত সন্ন্যাস অবলম্বন কৰি তেওঁ সমগ্ৰ ভাৰতীয় উপমহাদেশ পদব্ৰজে ভ্ৰমণ কৰে। পৰৱৰ্তীকালত চিকাগো যাত্ৰা কৰি ১৮৯৩ চনৰ বিশ্বধৰ্ম মহাসভাত হিন্দুধৰ্মৰ প্ৰতিনিধিত্ব কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন ফ’ৰাম, বিশ্ববিদ্যালয় আৰু সংঘই তেওঁৰ বাগ্মীতাত মুগ্ধ হৈ বক্তৃতাদানৰ বাবে আমন্ত্ৰণ জনাইছিল। একাধিক সাধাৰণ আৰু ব্যক্তিগত সভাত ভাষণ দি তেওঁ আমেৰিকা, ইংল্যাণ্ডৰ লগতে আৰু কেইবাখনো দেশত বেদান্ত, যোগশাস্ত্ৰ আৰু হিন্দুধৰ্মক সুপৰিচিত কৰি তুলিলে। আমেৰিকা আৰু ইংল্যাণ্ডত তেওঁ স্থাপন কৰে বেদান্ত চচাইটি। ভাৰতলৈ প্ৰত্যাবৰ্তন কৰি ১৮৯৩ চনত ৰামকৃষ্ণ মঠ আৰু মিছন নামেৰে এটি মানৱকল্যাণমূলক আধ্যাত্মিক সংগঠন প্ৰতিষ্ঠা কৰে। স্বামী বিবেকানন্দ ভাৰতত অন্যতম জাতি-স্ৰষ্টাৰূপে পৰিগণিত হয়। তেওঁৰ শিক্ষাই মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু, অৰবিন্দ ঘোষ, সৰ্বপল্লী ৰাধাকৃষ্ণন প্ৰমুখে একাধিক জাতীয় নেতা আৰু দাৰ্শনিকক প্ৰভাৱিত কৰিছিল। বংশ-পৰিচয় বিবেকানন্দই কৈছিল, "মোৰ জ্ঞানৰ বিকাশৰ কাৰণে মই মোৰ মাৰ কাষত ঋণী।" স্বামী বিবেকানন্দই এটা কায়স্থ দত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। এই দত্ত-পৰিয়ালৰ আদি নিবাস আছিল অধুনা পশ্চিমবঙ্গৰ বৰ্ধমান জিলাৰ কালনা মহকুমাৰ অন্তৰ্গত দত্ত-ডেৰিয়াটোনা বা দত্ত-ডেৰেটোনা গাঁৱত। দত্ত-পৰিয়ালে মোগল আমোলৰ পৰাই সেই গাঁৱত বাস কৰিছিল। তেওঁলোকেই সেই গাঁৱৰ জমিদাৰ আছিল বুলি অনুমান হয়। অষ্টাদশ শতাব্দীত দত্ত-পৰিয়ালৰ ৰামনিধি দত্তই তেওঁৰ ল’ৰা ৰামজীবন দত্ত আৰু নাতি ৰামসুন্দৰ দত্তক লৈ গড়-গোবিন্দপুৰ (অধুনা কলকাতা ময়দান-ফোৰ্ট উইলিয়াম অঞ্চল) গাঁৱলৈ গুচি আহে। ইয়াত ফোৰ্ট উইলিয়াম দুৰ্গৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাত এলেকাৰ অন্যান্য বাসিন্দাসকলৰ লগত দত্তসকলো গুচি আহে সূতানুটিলৈ (অধুনা উত্তৰ কলকাতা)। তাত তেওঁলোকে প্ৰথমে মধু ৰায়ৰ গলিত এটা ঘৰ সাজে। ৰামসুন্দৰৰ ডাঙৰ ল’ৰা ৰামমোহন দত্তই ৩ নং গৌৰমোহন মুখাৰ্জি ষ্ট্ৰীটৰ ঘৰটো নিৰ্মাণ কৰে। এই ঘৰতেই পিছত স্বামী বিবেকানন্দৰ জন্ম হয়। ৰামসুন্দৰৰ ডাঙৰ ল’ৰা দুৰ্গাপ্ৰসাদ আছিল স্বামী বিবেকানন্দৰ ককাক। তেওঁ তেওঁৰ একমাত্ৰ ল’ৰা বিশ্বনাথ দত্তৰ জন্মৰ পিছতেই সন্ন্যাস অৱলম্বন কৰি গৃহত্যাগ কৰিছিল। বিশ্বনাথ দত্ত দুৰ্গাপ্ৰসাদৰ সৰু ভায়েক কালীপ্ৰসাদৰ তত্ত্বাৱধানত প্ৰতিপালিত হয়। কলকাতা হাইক’ৰ্টৰ এটৰ্নি হিচাবে তেওঁ সমগ্ৰ ভাৰততে সুনাম অৰ্জন কৰিছিল। বিশ্বনাথ দত্তই ইংৰাজী, বঙালী, ফাৰ্চী, বি, উৰ্দু, হিন্দি আৰু সংস্কৃত ভাষা শিকিছিল। ইতিহাস পাঠত তেওঁৰ বিশেষ আগ্ৰহ আছিল। তেওঁ সুলোচনা (১৮৮০) আৰু শিষ্ঠাচাৰ-পদ্ধতি (বঙালী আৰু হিন্দি ভাষাত, ১৮৮২) নামৰ দুখন কিতাপ ৰচনা কৰিছিল। ধৰ্মবিষয়ত বিশ্বনাথ দত্ত উদাৰ আছিল। বাইবেল আৰু দেওয়ান-ই-হাফিজ তেওঁৰ প্ৰিয় কিতাপ আছিল। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ মহাশয়ৰ বিধবাবিবাহ আন্দোলনকো তেওঁ প্ৰকাশ্যেই সমৰ্থন জনাইছিল। দুৰ্গাপ্ৰসাদৰ সংসাৰত্যাগৰ পিছত কালীপ্ৰসাদৰ অমিতব্যয়িতাত দত্ত-পৰিয়ালৰ আৰ্থিক সাচ্ছল্য নষ্ট হৈছিল। কিন্তু এটৰ্নিৰূপে বিশ্বনাথ দত্তৰ সুদূৰ-প্ৰসাৰিত খ্যাতিয়ে সেই সাচ্ছল্যৰ কিয়দংশ ঘূৰাই অনাত সক্ষম হয়। [১০] তেওঁৰ পত্নী ভুবনেশ্বৰী দেবী আছিল চিমলাৰ নন্দলাল বসুৰ কন্যা। তেওঁ বিশেষ ভক্তিমতী নাৰী আছিল। তেওঁৰ প্ৰথম কেইবাটিও সন্তানৰ মৃত্যু আৰু কন্যাসন্তানৰ জন্মৰ পিছত পুত্ৰসন্তানৰ কামনাত তেওঁ তেওঁৰ এক কাশীবাসিনী আত্মীয়ৰ যোগেদি কাশীৰবিশ্বনাথ মন্দিৰত নিতৌ পূজা দিয়াৰ ব্যবস্থা কৰে। ইয়াৰ পাছত স্বামী বিবেকানন্দৰ জন্ম হোৱাত তেওঁৰ বিশ্বাস হয় যে, তেওঁ শিৱৰ কৃপাত পুত্ৰলাভ কৰিছে। [১১] জন্ম আৰু বাল্যজীৱন ১৮৬৩ চনৰ ১২ জানুৱাৰী তাৰিখে (বঙালী ১২৬৯ চনৰ ২৯ পুহ), সোমবাৰ, মকৰ সংক্ৰান্তিৰ দিনা পুৱা ৬টা ৪৯ মিনিটত[১২] কলকাতাৰ চিমলা অঞ্চলৰ ৩ নং গৌৰমোহন মুখাৰ্জি ষ্ট্ৰীটৰ ঘৰত[১৩] স্বামী বিবেকানন্দৰ জন্ম। [১১] তেওঁৰ নামকৰণ কৰা হয় নৰেন্দ্ৰনাথ দত্ত। [১৪] পিতাকৰ যুক্তিবাদী মন আৰু মাকৰ ধৰ্মীয় চেতনাই স্বামী বিবেকানন্দৰ চিন্তা ও ব্যক্তিত্বক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। [৮] প্ৰথম জীৱনতেই পাশ্চাত্য দৰ্শন আৰু বিজ্ঞানৰ সৈতে তেওঁৰ পৰিচয় ঘটিছিল। এই কাৰণে অকাট্য প্ৰমাণ আৰু ব্যবহাৰিক পৰীক্ষা নোহোৱাকৈ কোনো বক্তব্যই তেওঁ গ্ৰহণ নকৰিছিল। অন্যহাতেদি অতি কমবয়সতেই ধ্যান আৰু বৈৰাগ্যৰ আধ্যাত্মিক আদৰ্শৰ প্ৰতি তেওঁৰ মন আকৃষ্ট হয়। [৮] নৰেন্দ্ৰনাথৰ বাল্যশিক্ষাৰ সূচনা ঘটে স্বগৃহতেই। ১৮৭১ চনত তেওঁ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ মেট্ৰোপলিটান ইনষ্টিটিউছনত ভৰ্তি হয় আৰু ১৮৭৯ চনত প্ৰবেশিকা (এণ্ট্ৰেন্স) পৰীক্ষাত উত্তীৰ্ণ হয়। [১৫] দৰ্শন, ইতিহাস, সমাজবিজ্ঞান, শিল্পকলা, সাহিত্য আৰু অন্যান্য বিষয়ত তেওঁৰ গভীৰ আগ্ৰহ আৰু পাণ্ডিত্য আছিল। [১৬] বেদ, উপনিষদ, ভাগবত গীতা, ৰামায়ন, মহাভাৰত আৰু পুৰাণ প্ৰভৃতি ধৰ্মগ্ৰন্থৰ প্ৰতিও তেওঁৰ আগ্ৰহৰ কথা সুবিদিত। কণ্ঠসঙ্গীত ও যন্ত্ৰসঙ্গীত শাস্ত্ৰীয় সংগীতৰ উভয় শাখাতেই তেওঁৰ বিশেষ পাৰদৰ্শীতা আছিল। বাল্যকালৰ পৰাই খেলাধুলা, শাৰীৰিক ব্যায়াম আৰু অন্যান্য সংগঠনমূলক কামকাজতো তেওঁ সক্ৰিয়ভাৱে অংশ লৈছিল। [১৬]অতি কমবয়সতেই বিভিন্ন কুসংস্কাৰ আৰু ধৰ্ম আৰু বৰ্ণৰ ভিত্তিত বৈষম্য বিচাৰৰ যুক্তিগ্ৰাহ্যতাক লৈ প্ৰশ্ন তুলিছিল। [১৭] নৰেন্দ্ৰনাথৰ আধ্যাত্মিক বিকাশত তেওঁৰ মাকৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। পৰৱৰ্তী জীৱনত তেওঁ তেওঁৰ মাকৰ এটা কথাকেই বাৰংবাৰ উল্লেখ কৰিছিল, ’সাৰা জীৱন পবিত্ৰ থাকো, নিজেৰ সম্মান ৰক্ষা কোৰো, অন্যেৰ সম্মানে আঘাত কোৰো না। কোমল হও, কিন্তু প্ৰয়োজনবোধে নিজেৰ হৃদয়কে শক্ত ৰেখো’[১৪] কথিত আছে, নৰেন্দ্ৰনাথ আছিল ধ্যানসিদ্ধ; নিদ্ৰাৰ মাজতো তেওঁ এক জ্যোতি দৰ্শন কৰিছিল আৰু ধ্যানৰ সময়ত বুদ্ধৰ দৰ্শন পাইছিল। [১৮] কলেজ আৰু ব্ৰাহ্মসমাজ ১৮৮০ চনৰ জানুৱাৰী মাহত কলকাতাৰ প্ৰেচিডেন্সি কলেজত প্ৰথম বৰ্ষৰ ক’লা বিভাগত ভৰ্তি হয় নৰেন্দ্ৰনাথ। পাছৰ বছৰ তেওঁ স্কটিছ চাৰ্চ কলেজলৈ গুচি যায়। এই সময়তেই তেওঁ অধ্যয়ন কৰে পাশ্চাত্য যুক্তিবিজ্ঞান, পাশ্চাত্য দৰ্শন আৰু ইউৰোপীয় জাতিসমূহৰ ইতিহাস। [১৭] ১৮৮১ চনত এফ.এ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ১৮৮৪ চনত ব্যাচেলৰ অফ আৰ্টচ ডিগ্ৰী লাভ কৰে। [১৯][২০] তেওঁৰ অধ্যাপকসকলৰ মতে, নৰেন্দ্ৰনাথ এক বিস্ময়কৰ প্ৰতিভাসম্পন্ন ছাত্ৰ আছিল। স্কটিছ চাৰ্চ কলেজৰ অধ্যক্ষ উইলিয়াম হেষ্টিয়ে তেওঁৰ সম্পৰ্কত লিখিছিল, "নৰেন্দ্ৰ সঁচাকৈয়ে প্ৰতিভাবান আছিল। মই বহু দেশ ভ্ৰমণ কৰিছো; কিন্তু এই ল’ৰাটোৰ মাজত মেধা আৰু সম্ভাবনাৰ যি সাক্ষৰ দেখিছো সেইয়া মই আন কাৰো মাজত নাইপোৱা, এনেকি জাৰ্মান বিশ্ববিদ্যালয়সমূহৰ দৰ্শন বিভাগৰ ছাত্ৰসকলৰ মাজতো নাই।" .")[২১] তেওঁ আছিল এজনশ্ৰুতিধৰ, অৰ্থাৎ অসামান্য স্মৃতিশক্তিৰ অধিকাৰী ব্যক্তি। [২২][২৩] কথিত আছে, তেওঁৰ লগত হোৱা এক আলোচনাৰ পাছত ডাক্তৰ মহেন্দ্ৰলাল সৰকাৰে কৈছিল, "মই ভাবিবও পৰা নাই, এই কণমান সৰু ল’ৰাটোৱে ইমানখিনি পঢ়া পঢ়িছে।"[২৪] ল’ৰালিকালৰ পৰাই আধ্যাত্মিকতা, ঈশ্বৰোপলব্ধি আৰু সৰ্বোচ্চ আধ্যাত্ম সত্যৰ উপলব্ধিৰ বাবে তেওঁৰ ব্যাকুলতা দেখা যায়। প্ৰাচ্য আৰু পাশ্চাত্যৰ বিভিন্ন ধৰ্মীয় আৰু দাৰ্শনিক ধ্যান-ধাৰণাক লৈ তেওঁ পঢ়া-শুনা কৰিছিল আৰু বিভিন্ন ধৰ্মীয় নেতাৰ লগত দেখা সাক্ষাত কৰিছিল। সেইযুগৰ এক গুৰুত্বপূৰ্ণ সামাজিক ও ধৰ্মীয় সংগঠন ব্ৰাহ্মসমাজৰ সংস্পৰ্শলৈ আহে আৰু ব্ৰাহ্মসমাজৰ একেশ্বৰবাদ, অপৌত্তলিকতা আৰু সামাজিক আৰু ধৰ্মীয় সংস্কাৰ চেতনাৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হন। [২৫] এই সময়্ত ব্ৰাহ্মসমাজৰ দুই সৰ্বোচ্চ নেতা মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰ আৰু ব্ৰহ্মানন্দ কেশবচন্দ্ৰ সেনৰ লগত সাক্ষাত কৰি তেওঁলোকৰ ওচৰত ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কত প্ৰশ্ন কৰে। কিন্তু কোনো সদুত্তৰ নাপালে। [২৬][২৭] কথিত আছে, নৰেন্দ্ৰনাথে ডেভিড হিউম, ইমানুয়েল কাণ্ট, জোহান গটলিব ফিচ, বাৰুখ স্পিনোজা, গেয়ৰ্গ ভিলহেল্ম হেগল, আৰ্থাৰ চোফেনহয়্যাৰ, ওগুস্ত কোঁত, হাৰবাৰ্ট স্পেনচাৰ,জন ষ্টুয়াৰ্ট মিল আৰু চাৰ্লচ ডাৰউইন প্ৰমুখ্যে সকলোৰে ৰচনাৱলী অধ্যয়ন কৰিছিল। [২১][২৮] হাৰবাৰ্ট স্পেনচাৰৰ বিবৰ্তনবাদৰ প্ৰতি আকৃষ্ট হৈ তেওঁ নিজৰ প্ৰকাশক গুৰুদাস চট্টোপাধ্যায়ৰ বাবে স্পেনচাৰৰ এডুকেশন নামৰ গ্ৰন্থখন বঙালীলৈ অনুবাদ কৰিছিল। কিছুদিনলৈ তেওঁৰ লগত হাৰবাৰ্ট স্পেনচাৰৰ পত্ৰালাপো হয়। [২৯][৩০] পাশ্চাত্য দাৰ্শনিকসকলৰ ৰচনা অধ্যয়নৰ লগে লগে তেওঁ ভাৰতীয় সংস্কৃত ধৰ্মগ্ৰন্থ তথা বহু বঙালী গ্ৰন্থও অধ্যয়ন কৰিছিল। [২৮] অধ্যক্ষ হেষ্টিয়ে সাহিত্যৰ এক ক্লাচত উইলিয়াম ওয়াৰ্ডচওয়াৰ্থৰ দি এক্সকাৰ্চন কবিতাটোৰ আলোচনাকালত কবিৰ প্ৰাকৃতিক-ভাবতন্ময়তাৰ বিষয়ে বুজাবলৈ গৈ ৰামকৃষ্ণ পৰমহংসৰ কথা উল্লেখ কৰাত নৰেন্দ্ৰনাথে প্ৰথম শ্ৰীৰামকৃষ্ণৰ কথা জানিব পাৰে। [৩১] কবিতাত ব্যবহৃত শব্দটোৰ অৰ্থ বুজাবলৈ গৈ হেষ্টিয়ে তেওঁৰ ছাত্ৰসকলক কৈছিল যে এই শব্দটোৰ প্ৰকৃত অৰ্থ জানিবলৈ হলে তেওঁলোকৰ দক্ষিণেশ্বৰৰ শ্ৰীৰামকৃষ্ণৰ কাষলৈ যাব লাগিব। ইয়াতে তেওঁৰ কেইবাজনো ছাত্ৰ উদ্বুদ্ধ হৈ শ্ৰীৰামকৃষ্ণৰ দৰ্শন কৰেগৈ। তেওঁলোকৰ মাজত নৰেন্দ্ৰনাথ আছিল অন্যতম। [৩২][৩৩] শ্ৰীৰামকৃষ্ণৰ সান্নিধ্যত "ঠাকুৰেৰ ঐদিনকাৰ অদ্ভুত স্পৰ্শে মুহূৰ্তমধ্যে ভাবান্তৰ উপস্থিত হইল। স্তম্ভিত হইয়া সত্য সত্যই দেখিতে লাগিলাম, ঈশ্বৰ ভিন্ন বিশ্বব্ৰহ্মাণ্ডে অন্য কিছুই আৰ নাই! যখন প্ৰকৃতিস্থ হইলাম, তখন ভাবিলাম উহাই অদ্বৈতবিজ্ঞানেৰ আভাস! তবে তো শাস্ত্ৰে ঐ বিষয়ে যাহা লেখা আছে, তাহা মিথ্যা নহে! তদবধি অদ্বৈততত্ত্বেৰ উপৰে আৰ কখনও সন্দিহান হইতে পাৰি নাই।"[৩৪][৩৫] ১৮৮১ চনৰ নবেম্বৰ মাহত ৰামকৃষ্ণ পৰমহংসৰ লগত হোৱা তেওঁৰ সাক্ষাতে নৰেন্দ্ৰনাথৰ জীৱনৰ ধাৰাটোকে পৰিবৰ্তিত কৰি দিয়ে। [৩৬] এই সাক্ষাৎকাৰৰ প্ৰসঙ্গত নৰেন্দ্ৰনাথে কৈছিল, "তেখেতক [ৰামকৃষ্ণ] এজন সাধাৰণ লোকৰ দৰেই লাগিল, একো অসাধাৰণত্ব নেদেখিলো। অতি সৰল ভাষাত তেওঁ কথা পাতিছিল, মই ভাবিলো, এই ব্যক্তিজন জানো এজন ডাঙৰ ধৰ্মাচাৰ্য্য হ’ব পাৰে? মই গোটেই জীৱন সকলোকে যি জিজ্ঞাসা কৰিছো, তেওঁৰ কাষলৈ গৈয়ো সেই প্ৰশ্নকেই জিজ্ঞাসা কৰি ক’লো, 'মহাশয়, আপুনি কি ঈশ্বৰ বিশ্বাস কৰে?' তেওঁ উত্তৰ দিলে- 'হয়। 'মহাশয়, আপুনি কি তেওঁৰ অস্তিত্বৰ প্ৰমাণ দিব পাৰিব?' 'হয়'। 'কি প্ৰমাণ? 'মই তোমাক যিধৰণে মোৰ সম্মুখত দেখিছো, তেওঁকো মই ঠিক সেইৰূপেৰেই দেখো, বৰং আৰু স্পষ্টতৰ, আৰু উজ্জ্বলতৰৰূপেহে দেখো। মই একেবাৰ মুগ্ধ হৈ গ’লো। মই দিনৰ পিছত দিন এই ব্যক্তিৰ কাষলৈ যাবলৈ ধৰিলো। ধৰ্মও যে দিব পৰা যায়, তাক মই বাস্তৱত প্ৰত্যক্ষ কৰিলো। এটা স্পৰ্শত, এটা দৃষ্টিতে এটা সমগ্ৰ জীবন পৰিবৰ্তিত হ’ব পাৰে। মই এইধৰণৰ পৰিবৰ্তন বাৰে বাৰে হোৱা দেখিছো।"[৩৬][৩৭] যদিও প্ৰথমে নৰেন্দ্ৰনাথে শ্ৰীৰামকৃষ্ণক নিজৰ গুৰু ৰূপে স্বীকাৰ কৰাত সম্মত নাছিল। তেওঁ তেওঁৰ ধ্যানধাৰণাৰ বিৰুদ্ধে প্ৰায়েই বিদ্ৰোহ প্ৰকাশ কৰিছিল। তথাপি শ্ৰীৰামকৃষ্ণৰ ব্যক্তিত্বৰ আকৰ্ষণত বাৰে বাৰে তেওঁৰ দৰ্শন পাবলৈ লৰি গৈছিল। [৩৮] প্ৰথমৰ ফালে শ্ৰীৰামকৃষ্ণৰ ত্বৰীয় আনন্দৰ ভাব আৰু দৰ্শনক কেৱলমাত্ৰ মনেসজা কল্পনা বুলি ভাবিছিল। [৮] [৩৯] ব্ৰাহ্মসমাজৰ সদস্য হিচাবে তেওঁ মূৰ্তিপূজা আৰু বহুদেৱবাদৰ বিৰুদ্ধে মত প্ৰকাশ কৰিছিল। কিন্তু শ্ৰীৰামকৃষ্ণ আছিল কালীৰ উপাসক। [৪০] অদ্বৈত বেদান্ততত্ত্বকো নৰেন্দ্ৰনাথে নাস্তিকতা আৰু পাগলামি বুলি উৰায় দিছিল; আৰু মাজে মাজে সেইবোৰক লৈ উপহাস কৰিছিল। [৩৯] শ্ৰীৰামকৃষ্ণৰ ধ্যানধাৰণা গ্ৰহণ কৰিব নোৱাৰিলেও নৰেন্দ্ৰনাথে তাক উলাই কৰিবও নোৱাৰিলে। কোনো মত গ্ৰহণ কৰাৰ আগে তাক পৰীক্ষা কৰি চোৱাতো নৰেন্দ্ৰনাথৰ স্বভাব আছিল। তেওঁ শ্ৰীৰামকৃষ্ণক পৰীক্ষা কৰিছিল। শ্ৰীৰামকৃষ্ণয়ো কোনোদিনে তেওঁক যুক্তিবৰ্জনৰ পৰামৰ্শ দিয়া নাছিল। তেওঁ ধৈৰ্য সহকাৰে নৰেন্দ্ৰনাথৰ তৰ্ক আৰু পৰীক্ষাৰ সম্মুখীন হৈছিল আৰু তেওঁক সকলো দৃষ্টিকোণৰ পৰাই সত্য পৰীক্ষা কৰি চাবলৈ কৈছিল। [৩৮] পাঁচ বছৰ শ্ৰীৰামকৃষ্ণৰ সান্নিধ্যত থাকি নৰেন্দ্ৰনাথ এক অশান্ত, বিভ্ৰান্ত, অধৈৰ্য যুৱকৰ পৰা এক পৰিণত ব্যক্তিলৈ ৰূপান্তৰিত হ’ল। ঈশ্বৰোপলব্ধিৰ বাবে তেওঁ সৰ্বস্ব ত্যাগ স্বীকাৰ কৰিবলৈ ৰাজী হ’ল আৰু শ্ৰীৰামকৃষ্ণক নিজৰ গুৰু ৰূপে স্বীকাৰ কৰি নিজকে গুৰুৰ কাষত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰে। [৩৮] ১৮৮৫ চনত শ্ৰীৰামকৃষ্ণ ডিঙিৰ চাৰত আক্ৰান্ত হয়। এই সময়ত তেওঁক কলকাতাৰ কাশীপুৰলৈ স্থানান্তৰিত কৰা হয়। জীৱনৰ অন্তিম পৰ্বত বিবেকানন্দ আৰু তেওঁৰ গুৰুভ্ৰাতাসকলে তেওঁৰ সেৱাসুশ্ৰুষা কৰিছিল। ইয়াতেই শ্ৰীৰামকৃষ্ণৰ তত্ত্বাৱধানত তেওঁলোকৰ আধ্যাত্মিক শিক্ষা চলে। কথিত আছে, কাশীপুৰতেই বিবেকানন্দই নিৰ্বিকল্প সমাধিৰ অভিজ্ঞতা অৰ্জন কৰিছিল। [৪১] শ্ৰীৰামকৃষ্ণৰ জীৱনৰ শেষ পৰ্বত বিবেকানন্দ আৰু তেওঁৰ কেইজনমান গুৰুভ্ৰাতাই গুৰুৰ পৰা সন্ন্যাসীৰ গেৰুৱা বস্ত্ৰ লাভ কৰিছিল। যাৰ মাধ্যমত প্ৰতিষ্ঠিত হৈছিল প্ৰথম ৰামকৃষ্ণ সংঘ। [৪২] গুৰুৰ পৰা বিবেকানন্দই এই শিক্ষাই পায় যে মানবসেৱাই সৰ্বাপেক্ষা কাৰ্যকৰী ঈশ্বৰোপাসনা। [৮][৪৩] কথিত আছে, শ্ৰীৰামকৃষ্ণৰ অৱতাৰত্বক লৈ বিবেকানন্দৰ মনত সন্দেহৰ উদ্ৰেক হলেই শ্ৰীৰামকৃষ্ণ ঘোষণা কৰিছিল, "যি ৰাম, যি কৃষ্ণ, তেৱেঁই ৰামকৃষ্ণ... "[৪৪] শ্ৰীৰামকৃষ্ণই তেওঁৰ অবৰ্তমানত নিজৰ শিষ্যসকলৰ দেখাশুনা কৰাৰ দায়িত্ব দিয়ে বিবেকানন্দৰ ওপৰত, আৰু শিষ্যসকলকো বিবেকানন্দক নেতা বুলি স্বীকাৰ কৰিবলৈ কয়। [৪৫] দীৰ্ঘ অসুস্থতাৰ পাছত ১৮৮৬ চনৰ ১৬ আগষ্টত অতি প্ৰত্যুষত কাশীপুৰ উদ্যানবাটীত ৰামকৃষ্ণ পৰমহংসৰ মহাপ্ৰয়াণ ঘটে। তেওঁৰ শিষ্যসকলৰ মতে, এইয়া আছিল তেখেতৰ মহাসমাধি। [৪৫] বৰানগৰ মঠ শ্ৰীৰামকৃষ্ণৰ মৃত্যুৰ পাছত তেওঁৰ গৃহী্তশিষ্যসকলৰ আৰ্থিক সাহায্যত বিবেকানন্দৰ নেতৃত্বত তেওঁৰ তৰুণ সন্ন্যাসী শিষ্যসকলে বৰানগৰত এটা পুৰণি ঘৰত এটি সংঘ প্ৰতিষ্ঠা কৰে। এইটোৱে আছিল ৰামকৃষ্ণ সংঘৰ সদস্যৰ দ্বাৰা স্থাপিত প্ৰথম মঠ। [৩৬] বৰানগৰৰ এই পুৰণি ঘৰটো মঠ স্থাপনৰ কাৰণে নিৰ্বাচিত হয় মূলত দুটি কাৰণত। প্ৰথম ঘৰটোৰ ভাড়া কম আছিল। দ্বিতীয় ঘৰটো শ্ৰীৰামকৃষ্ণৰ অন্ত্যেষ্টিস্থল কাশীপুৰ মহাশ্মশানৰ অত্যন্ত নিকটবৰ্তী আছিল। নৰেন্দ্ৰনাথ আৰু মঠৰ অন্যান্য সদস্যই ইয়াত জপধ্যান কৰিছিল আৰু শ্ৰীৰামকৃষ্ণ, শঙ্কৰাচাৰ্য, ৰামানুজ আৰু যিশু খ্ৰীষ্ট প্ৰমুখে ধৰ্মগুৰুসকলৰ লগত দৰ্শন আৰু শিক্ষাক লৈ আলোচনা কৰিছিল। [৪৬] এই মঠৰ প্ৰথম দিনবিলাকৰ কথা কবলৈ গৈ নৰেন্দ্ৰনাথে পাছত কৈছিল, "বৰানগৰ মঠত আমি অনেক ধৰ্মাচৰণ কৰিছো। পুৱাৰাতি তিনিটাত টোপনিৰ পৰা উঠি জপধ্যানত মগ্ন হওঁ। সেই দিনবিলাকত বৈৰাগ্য কি প্ৰবল আছিল! বাহিৰৰ জগৎখন আছে নে নাই, সেইকথা এবাৰো মনলৈ নাহিছিল।"[৪৬] ১৮৮৭ চনৰ প্ৰথমৰ ফালে নৰেন্দ্ৰনাথ আৰু তেওঁৰ আঠজন গুৰুভ্ৰাতাই আনুষ্ঠানিকভাবে সন্ন্যাস গ্ৰহণ কৰে। সন্ন্যাস গ্ৰহণৰ পাছত নৰেন্দ্ৰনাথে স্বামী বিবেকানন্দ নাম ধাৰণ কৰিছিল। [৪৭] পৰিব্ৰাজক বিবেকানন্দ ১৮৮৮ চনত পৰিব্ৰাজকৰূপে মঠ ত্যাগ কৰে বিবেকানন্দই। পৰিব্ৰাজক হিন্দু সন্ন্যাসীৰ এটাই ধৰ্মীয় জীৱন এই জীৱনত তেওঁলোকে স্বাধীনভাবে ভ্ৰমণ কৰি ঘূৰি ফুৰে কোনো স্থায়ী বাসস্থান বা বন্ধন নোহোৱাকৈ। [৪৯] পৰিব্ৰাজক জীৱনত স্বামী বিবেকানন্দৰ সঙ্গী আছিল এটি কমণ্ডলু, লাঠি, আৰু তেওঁৰ প্ৰিয় দুখন গ্ৰন্থ ভগবদ্গীতা আৰু ইশানুসৰণ। [৫০] পাঁচ বছৰ ধৰি ভাৰতৰ সৰ্বত্ৰ ভ্ৰমণ কৰি বিবেকানন্দই প্ৰত্যেক শিক্ষাকেন্দ্ৰ দৰ্শন কৰে আৰু বিভিন্ন ধৰ্মসম্প্ৰদায় আৰু সমাজব্যবস্থাৰ সৈতে সুপৰিচিত হয়। [৫১][৫২] সাধাৰণ মানুহৰ দুখকষ্টৰ প্ৰতি তেওঁৰ সহানুভূতি জন্মে আৰু তেওঁ জাতিৰ উন্নতিকল্পে আত্মনিয়োগ কৰে। [৫১][৫৩] এই সময়ত ভিক্ষোপজীবি হৈ সমগ্ৰ ভাৰত পদব্ৰজেই ভ্ৰমণ কৰে বিবেকানন্দই। কেতিয়াবা কেতিয়াবা তেওঁৰ গুণমুগ্ধসকলে তেওঁক ট্ৰেইনৰ টিকট কিনি দিছিল। ভাৰত ভ্ৰমণ কৰাৰ সময়ত তেওঁ বিভিন্ন পণ্ডিত, দেৱান, ৰজা, আৰু হিন্দু, মুছলমান, খ্ৰীষ্টান এনেকি নিম্নবৰ্গৰ কৰ্মচাৰী আৰু চৰকাৰী আধিকাৰীসকলৰ লগতো মিলামিচা আৰু একেলগে বাস কৰিছিল। [৫৩] উত্তৰ ভাৰত ১৮৮৮ চনত তেওঁ বাৰাণসীৰ পৰা তেওঁৰ যাত্ৰা আৰম্ভ কৰে। বাৰাণসীত তেওঁৰ লগত সাক্ষাত হয় বিশিষ্ট বাঙালী লেখক ভূদেব মুখোপাধ্যায় আৰু বিশিষ্ট সন্ত ত্ৰৈলঙ্গস্বামীৰ। ইয়াতেই বিশিষ্ট সংস্কৃত পণ্ডিত বাবু প্ৰেমদাস মিত্ৰৰ লগত তেওঁৰ পৰিচয় ঘটে, যাৰ লগত পৰৱৰ্তীকালত একাধিক পত্ৰালাপত তেওঁ হিন্দু ধৰ্মশাস্ত্ৰক লৈ আলোচনা কৰিছিল। [৫৪] বাৰাণসীৰ পাছত তেওঁ ক্ৰমে অযোধ্যা, লক্ষ্ণৌ, আগ্ৰা, বৃন্দাবন, হথৰাচ আৰু হৃষীকেশলৈ যায়। হথৰাচত তেওঁৰ লগত ষ্টেচন মাষ্টৰ শৰৎচন্দ্ৰ গুপ্তৰ সাক্ষাত হয়, যি পাছলৈ বিবেকানন্দৰ শিষ্যত্ব গ্ৰহণ কৰি সদানন্দ নামে পৰিচিত হৈছিল। তেওঁ আছিল বিবেকানন্দৰ প্ৰথম যুগৰ শিষ্য। [৫৫][৫৬]১৮৮৮-৯০ মধ্যবৰ্তী সময়ত তেওঁ বৈদ্যনাথ আৰু এলাহাবাদ ভ্ৰমণ কৰে। এলাহাবাদৰ পৰা গাজিপুৰলৈ গৈ তেওঁ পাহাৰী বাবাৰ দৰ্শন কৰে। পাহাৰী বাবা আছিল এক অদ্বৈতবাদী সন্ত, যিজনে অধিকাংশ সময়েই ধ্যানমগ্ন হৈ থাকিছিল। [৫৭] ১৮৮৮-৯০ সময়ত এক ভগ্নস্বাস্থ্য আৰু মঠৰ দুই আৰ্থিক সাহায্যদাতা বলৰাম বসু আৰু সুৰেশচন্দ্ৰ মিত্ৰৰ মৃত্যুৰ পাছত মঠৰ আৰ্থিক ব্যবস্থাৰ সুব্যৱস্থা কৰাৰ প্ৰয়োজনত তেওঁ কেইবাবাৰো বৰানগৰৰ মঠলৈ প্ৰত্যাবৰ্তন কৰিছিল। [৫৬] হিমালয় ভ্ৰমণ ১৮৯০ চনৰ জুলাই মাহত গুৰুভ্ৰাতা স্বামী অখণ্ডানন্দৰ লগত তেওঁ পুনৰবাৰ পৰিব্ৰাজক সন্ন্যাসী ৰূপেৰে দেশভ্ৰমণলৈ ওলায়। মঠলৈ ঘূৰে একেবাৰে পাশ্চাত্য ভ্ৰমণ শেষ কৰি। [৫৬][৫৮] প্ৰথমে তেওঁ যায় নৈনিতাল, আলমোৰা, শ্ৰীনগৰ, দেৰাদুন, ঋষিকেশ, হৰিদ্বাৰ আৰু হিমালয়লৈ। কথিত আছে, এই সময়ত এক দিব্যদৰ্শনত তেওঁ বহিৰ্জগৎ আৰু ক্ষুদ্ৰব্ৰহ্মাণ্ড প্ৰত্যক্ষ কৰে। পৰৱৰ্তীকালত পাশ্চাত্যত প্ৰদান কৰা তেওঁৰ জ্ঞানযোগ বক্তৃতামালাত এই বহিৰ্জগৎ আৰু ক্ষুদ্ৰব্ৰহ্মাণ্ডৰ বৰ্ণনা দিছে স্বামী বিবেকানন্দই। এই ভ্ৰমণৰ সময়ত তেওঁৰ অন্যান্য গুৰুভ্ৰাতা স্বামী ব্ৰহ্মানন্দ, সাৰদানন্দ, তুৰীয়ানন্দ, অখণ্ডানন্দ আৰু অদ্বৈতানন্দৰ লগত তেওঁৰ সাক্ষাৎ হয়। মীৰাটত কিছুদিন তেওঁলোকে একেলগে জপধ্যান, প্ৰাৰ্থনা আৰু শাস্ত্ৰপাঠ কৰি সময় অতিবাহিত কৰে। ১৮৯১ চনৰ জানুৱাৰী মাহৰ শেষৰফালে অন্যান্য গুৰুভ্ৰাতাসকলক এৰি তেওঁ অকলেই দিল্লীলৈ অগ্ৰসৰ হয়। [৫৮][৫৯] ৰাজপুতনা দিলীৰ ঐতিহাসিক স্থানবোৰ দেখাৰ পাছ্ত তেওঁ যায় ৰাজপুতনাৰ ঐতিহাসিক ৰাজ্য আলোৱাৰলৈ। পাছত তেওঁ জয়পুৰলৈ যায়। তাত এজন সংস্কৃত পণ্ডিতৰ ওচৰত অধ্যয়ন কৰে পাণিনিৰ অষ্টাধ্যয়ী। তাৰ পাছৰ গন্তব্যস্থল আছিল আজমেৰ। তাৰ বিখ্যাত দৰগাহ আৰু আকবৰৰ প্ৰাসাদ চাই তেওঁ মাউণ্ট আবুলৈ যায়। মাউণ্ট আবুত তেওঁৰ লগত সাক্ষাৎ হয় খেতৰিৰ মহাৰজা অজিত সিংহৰ। পাছত তেওঁ বিবেকানন্দৰ একনিষ্ঠ ভক্ত আৰু পৃষ্ঠপোষকৰূপে পৰিগণিত হয়। তেওঁৰ আমন্ত্ৰণতেই বিবেকানন্দই খেতৰিলৈ আহিছিল। তাত ৰজাৰ লগত তেওঁৰ নানা বিষয়ে আলোচনা হয়। খেতৰিতেই পণ্ডিত নাৰায়ণদাসৰ লগত তেওঁৰ ঘনিষ্ঠতা হয় আৰু তেওঁ পাণিনিৰ সূত্ৰৰ মহাভাষ্য অধ্যয়ন কৰে। খেতৰিত আঢ়ৈ মাহ কটোৱাৰ পাছত ১৮৯১ চনৰ অক্টোবৰত তেওঁ ৰাজস্থান আৰু মহাৰাষ্ট্ৰৰ উদ্দেশ্যে ৰাওনা হয়। [৫৩][৬০] পশ্চিম ভাৰত পশ্চিমৰ যাত্ৰাপথত তেওঁ ভ্ৰমণ কৰে আমেদাবাদ, বৰ্ধমান আৰু লিম্বদি। আমেদাবাদত তেওঁ ইছলামী আৰু জৈন সংস্কৃতিৰ পাঠ সমাপ্ত কৰে। [৫৩] লিম্বদিত ঠাকুৰ চাহেব জচৱন্ত সিংহৰ লগত তেওঁৰ সাক্ষাৎ হয়, যি নিজে আমেৰিকা আৰু ইংল্যাণ্ড ভ্ৰমণ কৰিছিল। ঠাকুৰ চাহেবৰ পৰাই বিবেকানন্দৰ পাশ্চাত্যলৈ বেদান্ত প্ৰচাৰৰ বাবে যোৱাৰ ধাৰণাটো প্ৰাপ্ত হয়। ইয়াৰ পাছত তেওঁ যায় জুনাগড়, গিৰনাৰ, কচ্ছ, পোৰবন্দৰ, দ্বাৰকা, পালিতানা আৰু বৰোদালৈ। পোৰবন্দৰত সন্ন্যাসজীৱনৰ নিয়ম ভাঙি তেওঁ ন মাহ অৱস্থান কৰে পণ্ডিতসকলৰ পৰা দৰ্শন আৰু সংস্কৃত গ্ৰন্থাৱলী অধ্যয়ন কৰাৰ কাৰণে। এই সময়ত সভাপণ্ডিতকলৰ লগত একযোগে বেদ অনুবাদৰ কামো কৰে। [৫৩] ইয়াৰ পাছত তেওঁ যায় মহাবলেশ্বৰ আৰু তাৰপাছত যায় পুণালৈ। পুণাৰ পৰা ১৮৯২ চনৰ জুন মাহত তেওঁ খাণ্ডোৱা আৰু ইন্দোৰ ভ্ৰমণ কৰে। কাথিয়াওয়াৰত তেওঁ বিশ্বধৰ্ম মহাসভাৰ কথা শুনে। তেওঁৰ অনুগামীসকলে তেওঁক সেই সভাত যোগদান কৰিবলৈ অনুৰোধ কৰে। খাণ্ডোৱাৰ পৰা তেওঁ বোম্বাই উদ্দেশ্যে যাত্ৰা কৰে। ১৮৯২ চনৰ জুলাই মাহত তেওঁ বোম্বাই পায়গৈ। পুণাৰ পথত ট্ৰেইনত বাল গঙ্গাধৰ তিলকৰ লগত তেওঁৰ সাক্ষাৎ হয়। [৬১] পুণাত কিছুদিন তিলকৰ লগত থকাৰ পাছত[৬২] ১৮৯২ চনৰ অক্টোবৰত স্বামী বিবেকানন্দই বেলগাঁৱলৈ যাত্ৰা কৰে। বেলগাঁৱতে তেওঁ অধ্যাপক জি এচ ভাটি আৰু চাব-ডিভিজনেল ফৰেষ্ট অফিচাৰ হৰিপদ মিত্ৰৰ আতিথ্য গ্ৰহণ কৰে। বেলগাঁৱৰ পৰা তেওঁ যায় গোৱাৰ পাঞ্জিম আৰু মাৰগাঁৱলৈ। গোৱাৰ প্ৰাচীনতম ধৰ্মতত্ত্ব কনভেণ্ট-কলেজ ৰাচোল চেমিনাৰীত তিনি দিন থাকে। এই কনভেণ্ট-কলেজত সংৰক্ষিত আছিল লেটিন ৰচিত দুষ্প্ৰাপ্য ধৰ্মীয় সাহিত্যৰ পাণ্ডুলিপি আৰু মুদ্ৰিত ৰচনাৱলী। অনুমান কৰা হয়, ইয়াত তেওঁ খ্ৰীষ্টীয় ধৰ্মতত্ত্ব সম্পৰ্কে মূল্যবান জ্ঞান অৰ্জন কৰিছিল। [৬৩] মাৰগাঁৱৰ পৰা বিবেকানন্দই ৰেলপথেৰে যাত্ৰা কৰে ধাৰোৱাৰৰ উদ্দেশ্যে। তাৰ পৰা আহে মহীশূৰ ৰাজ্যৰ ব্যাঙ্গালোৰলৈ। [৬৪] দক্ষিণ ভাৰত বেঙ্গালুৰুত স্বামীজীয়ে মহীশূৰ ৰাজ্যৰ দেৱান চাৰ কে. শেষাদ্ৰী আইয়াৰৰ লগত পৰিচিত হয়, আৰু পাছত তেওঁ মহীশূৰৰ মহাৰাজ শ্ৰী চামাৰাজেন্দ্ৰ ওয়াদিয়াৰৰ অতিথি হিচাবে ৰাজপ্ৰাসাদত থাকে। বিবৰণ অনুসাৰি চাৰ শেষাদ্ৰীয়ে স্বামীজীৰ পাণ্ডিত্যৰ বিষয়ে মন্তব্য কৰে, "এক আকৰ্ষণীয় ব্যক্তিত্ব আৰু ঐশ্বৰিক শক্তি যিটো তেওঁৰ দেশৰ ইতিহাসত সেইবিলাকৰ চিন ৰাখি যাবলৈ নিয়তিনিৰ্ধাৰিত আছিল।" মহাৰাজই স্বামীজীক কোচিনৰ দেৱানৰ লগত পৰিচয় কৰাই দি এখন পত্ৰ আৰু এটা ৰেলৰ টিকট কাটি দিয়ে। [৬৫] বেঙ্গালুৰুৰ পৰা তেওঁ ভ্ৰমণ কৰে ত্ৰিচুড়, কোদুনগ্যালোৰ, এৰনাকুলাম। এৰনাকুলামত ১৮৯২ চনৰ ডিচেম্বৰৰ প্ৰথমভাগত তেওঁ নাৰায়ণ গুৰুৰ সমসাময়িক ছত্তাম্পি স্বামীকালক দেখা পায়। [৬৬] এৰনাকুলামৰ পৰা তেওঁ ভ্ৰমণ কৰে ত্ৰিবানদ্ৰাম, নাগেৰক’ল আৰু ১৮৯২ চনৰ বৰদিনৰ প্ৰাক্কালত খোজ কাঢ়ি কন্যাকুমাৰী পায়গৈ। [৬৭] বিবৰণ অনুসৰি স্বামীজিয়ে "ভাৰতীয় পাহাৰৰ শেষ প্ৰান্তত" তিনি দিন ধৰি ধ্যান কৰিছিল যিটো পাছত বিবেকানন্দ ৰক মেমোৰিয়াল হিচাবে খ্যাতি লাভ কৰে। [৬৮] কন্যাকুমাৰীতে বিবেকানন্দই "এক ভাৰতৰ স্বপ্ন" দেখে, যাক সচৰাচৰ কোৱা হয় "১৮৯২ ৰ কন্যাকুমাৰী সঙ্কল্প।" [৬৯] তেওঁ লিখিছিল, "ক্যামোৰিন অন্তৰীপত মা কুমাৰীৰ মন্দিৰত বহি ভাৰতীয় পাহাৰৰ শেষ প্ৰান্তত বহি মই এক পৰিকল্পনা কৰিছো: আমি ইমানবোৰ সন্ন্যাসী ঘূৰি ফুৰিছো আৰু মানুহক অধিবিদ্যা/দৰ্শনশাস্ত্ৰ শিকাইছো এই সকলোবোৰ মাত্ৰ পাগলামি। আমাৰ গুৰুদেৱে কি কোৱা নাছিল, 'খালি পেট ধৰ্মৰ বাবে ভাল নহয়?' জাতি হিচাবে আমি আমাৰ স্বতন্ত্ৰ বৈশিষ্ট্য হেৰুৱাইছো আৰু এইটোৱেই হৈছে ভাৰতৰ সকলো অনিষ্টৰ কাৰণ। আমাৰ জনসাধাৰণক জাগ্ৰত কৰিব লাগিব।"[৬৯][৭০] কন্যাকুমাৰীৰ পৰা তেওঁ যায় মাদুৰাই য’ত ৰামনাদৰ ৰজা ভাস্কৰ সেতুপতিৰ লগত দেখা কৰি তেওঁ পৰিচয়পত্ৰ দেখুৱায়। ৰজাই স্বামীজীৰ শিষ্য হয় আৰু তেওঁক চিকাগোৰ ধৰ্ম সন্মিলনলৈ যোৱাৰ বাবে অনুৰোধ কৰে। মাদুৰাইৰ পৰা তেওঁ যায় পণ্ডিচেৰীৰ ৰামেশ্বৰমলৈ। তাৰ পৰা তেওঁ যায় মাদ্ৰাজলৈ আৰু ইয়াত তেওঁ তেওঁৰ সকলো অনুগত শিষ্যৰ লগত সাক্ষাৎ কৰে যিসকলে স্বামীজীৰ আমেৰিকা ভ্ৰমণ আৰু পাছত মাদ্ৰাজত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠাৰ তহবিল সংগ্ৰহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ মাদ্ৰাজৰ শিষ্যসকল আৰু মহীশূৰ, ৰামনাদ, খেতৰিৰ ৰজাৰ, দেৱান আৰু অন্যান্য অনুগামীসকলৰ সংগৃহীত অৰ্থৰ সাহায্য লয় আৰু খেতৰিৰ মহাৰাজৰ পৰামৰ্শক্ৰমে বিবেকানন্দ নাম ধাৰণ কৰি বিবেকানন্দই ১৮৯৩ চনৰ ৩১ মে তাৰিখে চিকাগোৰ উদ্দেশ্যে বোম্বে ত্যাগ কৰে। জাপান ভ্ৰমণ তেওঁৰ চিকাগো যোৱাৰ পথত বিবেকানন্দই ১৮৯৩ চনত জাপান ভ্ৰমণ কৰে। প্ৰথমে তেওঁ বন্দৰ নগৰী নাগাচাকি পায়গৈ আৰু তাৰপাছত কোবলৈ যাবলৈ এখন ষ্টীমাৰত উঠে। ইয়াৰ পৰা তেওঁ স্থল পথেৰে তিনিখন ডাঙৰ চহৰ ওচাকা, কিয়োটো আৰু ট’কিও ভ্ৰমণ কৰি ইয়োকোহামালৈ যায়। তেওঁ জাপানীসকলক "পৃথিবীৰ আটাইতকৈ পৰিষ্কাৰ-পৰিচ্ছন্ন জনগনৰ অন্যতম" বুলি অভিহিত কৰে আৰু কেৱল তেওঁলোকৰ ৰাস্তাঘাট আৰু ঘৰ-দুৱাৰৰ পৰিচ্ছন্নতা দেখিয়ে চমৎকৃত হোৱা নাছিল বৰং তেওঁলোকৰ কৰ্মচাঞ্চল্য, মনোভাব আৰু ভঙ্গি দেখিও চমৎকৃত হয় যিবোৰৰ সকলোবোৰকেই তেওঁৰ "চিত্ৰবৎ বা ছবিৰ দৰে" ভাব হৈছিল। [৭১] তেতিয়া আছিল জাপানত দ্ৰুত সামৰিক সংখ্যা/শক্তি বৃদ্ধিৰ সময় চীন-জাপানৰ যুদ্ধ আৰু ৰাছিয়া-জাপান যুদ্ধৰ পূৰ্বসূচক। এই সকলোবোৰ প্ৰস্ত্তুতিয়ে বিবেকানন্দৰ মনোযোগ এৰি যোৱা নাছিল, যাৰ বিষয়ে তেওঁ লিখিছিল -"জাপানীসকলক দেখিলে এতিয়া ভাব হয় বৰ্তমান সময়ৰ প্ৰয়োজনানুসাৰে নিজকে সম্পূৰ্ণৰূপে জগাই তুলিছে। তেওঁলোক এতিয়া তেওঁলোকৰ নিজৰ কৰ্মকৰ্তাসকলৰ আবিষ্কৃত আৰু অতুলনীয় বলত কথিত বন্দুক/অস্ত্ৰসমূহৰ দ্বাৰা সজ্জিত এক সম্পূৰ্ণ সংগঠিত সামৰিক বাহিনী। তাৰবাহিৰেও তেওঁলোকে তেওঁলোকৰ নৌ-বাহিনীক অবিৰামভাৱে বৰ্ধিত কৰিছে।" তেওঁৰ পৰ্যবেক্ষণ শিল্পৰ অগ্ৰগতি সম্পৰ্কেও, "দিয়াচলাই কাৰখানাবোৰো একো একোটা চাবলগীয়া, আৰু তেওঁলোকক যি লাগে তাৰ বেছিভাগেই তেওঁলোকে নিজৰ দেশত তৈয়াৰ কৰি লব পাৰে।"[৭১] জাপানৰ দ্ৰুত অগ্ৰগতিৰ বিপৰীতে ভাৰতৰ পৰিস্থিতি তুলনা কৰি তেওঁ দেশৰ মানুহক তাগিদা দিছিল "কুসংস্কাৰ আৰু নিপীড়নৰ শতাব্দীৰ সন্তান-সন্ততিসকল" তোমালোকৰ সংকীৰ্ণ গাঁতৰ পৰা ওলায় আহাঁ আৰু বিদেশৰ ফালে চোৱা “মই মাত্ৰ বিচাৰো যে আমাৰ যুৱকসকলো প্ৰতি বছৰে জাপান আৰু চীন ভ্ৰমণ কৰক। বিশেষ কৈ জাপানীসকলৰ তুলনাত ভাৰত তাৰপাছতো এনে কি এক স্বপ্নৰাজ্য যাৰ সকলোবোৰেই উচ্চস্তৰৰ আৰু ভাল। আৰু তোমালোক, তোমালোক কি?...তোমালোকে সমগ্ৰ জীৱনত বাজে কথা কৈছা, অনৰ্থক প্ৰলাপকাৰীসকল, তোমালোক কি? আহাঁ, এই মানুহসকলক চোৱা আৰু লাজত তোমালোকৰ মুখ ঢাকা। জড়বুদ্ধিসম্পন্ন জাতি, তোমালোকে তোমালোকৰ প্ৰাসাদ হেৰুৱাবা যদি তোমালোক বাহিৰলৈ আহাঁ! শত শত বছৰ ধৰি তোমালোকৰ মূৰৰ ওপৰত ঘৰ কৰা কুসংস্কাৰৰ ক্ৰমবৰ্ধমান বোজা লৈ বহি আছা, শত শত বছৰ ধৰি ইজনে সিজনৰ স্পৰ্শযোগ্যতা বা স্পৰ্শ-অযোগ্যতাক লৈ আলোচনা কৰি তোমালোক সকলোৱে শক্তি ক্ষয় কৰিছা, যুগ যুগ ধৰি অবিৰাম সামাজিক পীড়নৰ দ্বাৰা তোমালোকৰ মানবিকতা নিষ্পেষিত তোমালোক কি? আৰু তোমলোকে এতিয়াও কি কৰিছা?...তোমালোকে হাতত কিতাপ লৈ সমুদ্ৰতীৰত ভ্ৰমণ কৰিছা ইউৰোপিয়ান মস্তিষ্ক-কৰ্মৰ অজীৰ্ণ পথভ্ৰষ্ট ক্ষুদ্ৰ ক্ষুদ্ৰ অংশৰ পুনৰাবৃত্তি কৰিছা, আৰু ত্ৰিশ টকীয়া কেৰানীৰ চাকৰিৰ বাবে সমস্ত আত্মা অবনত, অথবা খুববেছি এজন উকিল হোৱা নবীন ভাৰতৰ উচ্চাকাঙ্খাৰ শিখৰ আৰু প্ৰত্যেক ছাত্ৰই ইজনে সিজনৰ লগত নিজক সংযুক্ত কৰি ঘূৰি ঘূৰি এদল ক্ষুধাৰ্ত ল’ৰা-ছোৱালীৰ দল সৃষ্টি কৰিছে! তোমালোকৰ, কিতাপবিলাক, গাউনৰ, বিশ্ববিদ্যালয়ৰ ডিপ্লোমাবিলাক আৰু সকলোবোৰকে ডুবাই পেলোৱাৰ জোখাৰে সাগৰত কি পানীৰ অভাৱ?[৭১]” প্ৰথম পাশ্চাত্য ভ্ৰমণ চীন, কানাডা হৈ তেওঁ আমেৰিকাৰ চিকাগো পায়গৈ ১৮৯৩ চনৰ জুলাই মাহত। [৭২] কিন্তু তেওঁ এইটো জানিব পাৰি হতাশ হ’ল যে কোনো প্ৰকৃত প্ৰতিষ্ঠানৰ প্ৰমাণ-পত্ৰ/প্ৰশংসাপত্ৰ অবিহনে কোনো ব্যক্তিকে প্ৰতিনিধি হিচাবে গ্ৰহণ কৰা নহব। তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক জন হেনৰি ৰাইটৰ সংস্পৰ্শলৈ আহে। [৭৩] তেওঁক হাৰ্ভাৰ্ডলৈ আমন্ত্ৰণ জনোৱাৰ পাছত আৰু ধৰ্মসভাত বক্তৃতাদানত তেওঁৰ প্ৰশংসাপত্ৰ নথকাৰ প্ৰসঙ্গত ৰাইটৰ উদ্ধৃতি, "আপোনাৰ পৰা প্ৰশংসাপত্ৰ বিচৰাতো হৈছে স্বৰ্গত সূৰ্য্যৰ পোহৰ দিয়াৰ অধিকাৰ বিচৰাৰ দৰে অৱস্থা।" ৰাইটে তেতিয়া প্ৰতিনিধিসকলৰ দায়িত্বপ্ৰাপ্ত চেয়াৰমেনলৈ এখন চিঠিত লিখিলে যে, "আমাৰ সকলো অধ্যাপক একত্ৰিত হ’লেও যিমান শিক্ষিত এওঁ তেওঁলোকতকৈয়ো বেছি শিক্ষিত।" অধ্যাপকৰ সম্পৰ্কত বিবেকানন্দই নিজে লিখে যে, "তেওঁ মোক ধৰ্মসভালৈ যোৱাৰ প্ৰয়োজনীয়তা নিবন্ধ সহকাৰে বুজায়, য’ত তেওঁ ভাবিছিল জাতিৰ কাষত তেওঁক ইয়াৰ পৰিচয় দিব।"[৭৪] বিশ্বধৰ্ম মহাসভা ধৰ্মসভা ১৮৯৩ চনৰ ১১ ছেপ্টেম্বৰত চিকাগোৰ আৰ্ট ইনষ্টিটিউটত উদ্বোধন হয়। সেইদিনা বিবেকানন্দই তেওঁৰ প্ৰথম সংক্ষিপ্ত ভাষণ দিয়ে। তেওঁ ভাৰত আৰু হিন্দু ধৰ্মৰ প্ৰতিনিধিত্ব কৰে। [৭৫] প্ৰথমৰফালে বিচলিত হ’লেও তেওঁ বিদ্যাৰ দেবী সৰস্বতীৰ আগত মূৰ দোঁৱায় আৰু তেওঁ বক্তৃতা আৰম্ভ কৰে এনেদৰে, "আমেৰিকাৰ ভ্ৰাতা আৰু ভগিনীসকল!" [৭৩][৭৬] তেওঁৰ এই সম্ভাষণে প্ৰায় সাত হাজাৰ দৰ্শক-শ্ৰোতাই দুই মিনিট থিয় হৈ তেওঁক সংম্বৰ্ধনা জনায়। নীৰৱতা ঘূৰি অহাৰ পাছত তেওঁ তেওঁৰ বক্তৃতা আৰম্ভ কৰিলে।"যি ধৰ্মই বিশ্বক সহিষ্ণুতা আৰু মহাজাগতিক গ্ৰহণযোগ্যতা শিকাইছে সেই ধৰ্মৰ সৰ্বাধিক প্ৰাচীন সন্ন্যাসীসকলৰ বৈদিক ক্ৰমানুসাৰে" তেওঁ জাতিসমূহৰ কনিষ্ঠতমকো অভিবাদন জনালে। [৭৭] আৰু তেওঁ গীতাৰ পৰা এই সম্পৰ্কত দুটা উদাহৰণমূলক পঙ্ক্তি উদ্ধৃত কৰে-"যিহেতু বিভিন্ন স্ৰোতধাৰাবোৰৰ উৎসসমূহ বিভিন্ন ঠাইত থাকে, সেই সকলোবোৰেই সাগৰৰ পানীত গৈ মিলি যায়, তেনেকৈয়ে, হে প্ৰভু, বিভিন্ন প্ৰবণতাৰ মাজেদিও মানুহে বিভিন্ন যিবিলাক পথত চলে, সেইবিলাক বিভিন্ন ৰকমে পোন বা বেকা ভাব হলেও, সেইবিলাক প্ৰভুৰ ফালেই ধাবিত হয়!" আৰু "যি আকাৰৰ মজেদিয়েই নহওক কিয়, যি মোৰ কাষলৈ আহে, বা মই তেওঁৰ কাষলৈ যাওঁ; সকলো মানুহেই বিভিন্ন পথেৰে চেষ্টা কৰিছে আৰু অৱশেষত মোৰ কাষ পায়হি।"[৭৭] সংক্ষিপ্ত বক্তৃতা হোৱা সত্ত্বেও ই সভাৰ আত্মা আৰু ইয়াৰ বিশ্বজনীন চেতনা ধ্বনিত কৰে। [৭৭][৭৮] সভাৰ সভাপতি, ড॰ ব্যাৰোজে কৈছিল, "কমলা-সন্ন্যাসী স্বামী বিবেকানন্দই ধৰ্মসমূহৰ মাতা ভাৰতৰ প্ৰতিনিধিত্ব কৰিছে আৰু তেওঁৰ শ্ৰোতাসকলৰ ওপৰত সকলোতকৈ বিস্ময়কৰ প্ৰভাৱ বিস্তাৰ কৰিছে।"[৭৬] প্ৰেচে তেওঁৰ প্ৰচুৰ মনোযোগ আকৰ্ষণ কৰে যাৰ বাবে তেওঁ "ভাৰতৰ চাইক্লোন সন্ন্যাসী" হিচাবে অভিহিত হয়। নিউ ইয়ৰ্ক ক্ৰিটিকে লিখিছিল, "ঐশ্বৰিক অধিকাৰবলত তেওঁ এজন বক্তা আৰু হালধীয়া আৰু কমলাৰ চিত্ৰবৎ পৰিধানে তেওঁৰ শক্তিশালী, বুদ্ধিদীপ্ত চেহেৰাতকৈ কম আগ্ৰহোদ্দীপক নাছিল সেই সমৃদ্ধ আৰু ছন্দোময়ভাৱে উচ্চাৰিত শব্দসমূহ। নিউইয়ৰ্ক হেৰাল্ডে লিখিছিল, "বিবেকানন্দ নিঃসন্দেহে ধৰ্মসভাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিত্ব। তেওঁৰ বক্তৃতা শুনি আমি অনুভৱ কৰিছো যে এই শিক্ষিত জাতিৰ কাষলৈ মিছনাৰীক পঠোৱাতো কি ধৰণৰ মুৰ্খতা।" [৭৯] আমেৰিকাৰ বাতৰিকাকতসমূহে স্বামী বিবেকানন্দক "ধৰ্মসভাৰ সকলোতকৈ মহান ব্যক্তিত্ব" আৰু "সভাৰ সকলোতকৈ জনপ্ৰিয় আৰু প্ৰভাৱশালী ব্যক্তি" হিচাবে প্ৰতিবেদন লিখে। [৮০] তেওঁ সভাত আৰু অনেকবাৰ হিন্দুধৰ্ম আৰু বৌদ্ধধৰ্ম সম্পৰ্কিত বিষয়্ত কয়। সভা ১৮৯৩ চনৰ ২৭ ছেপ্টেম্বৰত সমাপ্ত হয়। সভাত তেওঁৰ সকলো বক্তৃতাৰ এটা সাধাৰণ বিষয়বস্ত্তু আছিল সৰ্বজনীনতা অধিক গুৰুত্বপূৰ্ণ ধৰ্মীয় সহিষ্ণুতা। [৮১] আমেৰিকা আৰু ইংলণ্ডত বক্তৃতাদান চিকাগো আৰ্ট ইনষ্টিটিউটত ১৮৯৩ চনৰ ছেপ্টেম্বৰত ধৰ্মসভা শেষ হোৱাৰ পাছত বিবেকানন্দই পুৰা দুই বছৰ পূব আৰু কেন্দ্ৰীয় যুক্তৰাষ্ট্ৰৰ বিশেষ কৈ চিকাগো, ডেট্ৰয়েট, বোষ্টন আৰু নিউইয়ৰ্কত বক্তৃতা দিয়ে। ১৮৯৫ চনৰ বসন্তকালৰ মাজত তেওঁৰ অব্যাহত প্ৰচেষ্টাৰ কাৰণে তেওঁ ক্লান্ত হৈ পৰে আৰু তেওঁৰ স্বাস্থ্য দুৰ্বল হৈ পৰে। [৮২] তেওঁৰ বক্তৃতাদান যাত্ৰা স্থগিত কৰাৰ পাছত স্বামীজীয়ে বেদান্ত ও যোগৰ ওপৰত বিনা মূল্যে ব্যক্তি পৰ্যায়ত শিক্ষা দিয়া আৰম্ভ কৰে। ১৮৯৫ চনৰ জুনৰ পৰা দুই মাহব্যাপী তেওঁ থাউজ্যাণ্ড আইল্যাণ্ড পাৰ্কত তেওঁৰ এক ডজন শিষ্যক ব্যক্তি পৰ্যায়ত শিক্ষা দিয়াৰ বাবে ভাষণ দিয়ে। বিবেকানন্দই এইটোক আমেৰিকাত তেওঁৰ প্ৰথম ভ্ৰমণৰ আটাইতকৈ সুখী অংশ বুলি বিবেচনা কৰিছিল। তেওঁ পাছত "নিউইয়ৰ্ক বেদান্ত চ’চাইটি" প্ৰতিষ্ঠা কৰে। [৮২] আমেৰিকাত তেওঁৰ প্ৰথম পৰিদৰ্শনৰ সময়ত তেওঁ ইংল্যাণ্ড ভ্ৰমণ কৰে দুবাৰ ১৮৯৫ আৰু ১৮৯৬ চনত। তাত তেওঁৰ বক্তৃতাসমূহ সফল হৈছিল। [৮৩] ইয়াতে তেওঁ সাক্ষাৎ পায় এগৰাকী আইৰিচ মহিলা মিছ মাৰ্গাৰেট নোবলৰ যি পাছলৈ চিষ্টাৰ নিবেদিতা নামে পৰিচিত হয়। [৮২] ১৮৯৬ চনৰ মে মাহত তেওঁৰ দ্বিতীয় ভ্ৰমণৰ সময়ত পিমলিকোতত এটা ঘৰত থকা অৱ্স্থাত স্বামীজীয়ে দেখা পায় অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ এক বিখ্যাত ভাৰত বিশেষজ্ঞ ম্যাক্স মুলাৰক যি পাশ্চাত্যত ৰামকৃষ্ণৰ প্ৰথম আত্মজীবনী লিখিছিল। [৭৮]ইংলণ্ডৰ পৰা তেওঁ অন্যান্য ইউৰোপিয়ান দেশো ভ্ৰমণ কৰে। জাৰ্মানীত তেওঁ আৰু এজন ভাৰত বিশেষজ্ঞ পল ডিউচনৰ লগত সাক্ষাৎ কৰে। [৮৪] তেওঁ দুটি শিক্ষায়তনিক প্ৰস্তাৱো পায়, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত প্ৰাচ্য দৰ্শনৰ শ্বেয়াৰ আৰু কলাম্বিয়া বিশ্ববিদ্যালয়তো একেই ধৰণৰ প্ৰস্তাৱ। তেওঁ উভয় প্ৰস্তাৱেই প্ৰত্যাখ্যান কৰে এই বুলি যে পৰিভ্ৰমণকাৰী সন্ন্যাসী হিচাবে তেওঁ এই ধৰণৰ কামত স্থায়ী হৈ থাকিব নোৱাৰিব। [৮২] তেওঁ কোটিপ্ৰায় অকৃত্ৰিম শিষ্যক আকৃষ্ট কৰে। তেওঁৰ অন্যান্য শিষ্যসকলৰ মাজত আছিল জোচেফিন ম্যাকলিয়ড, মিছ মুলাৰ, মিছ নোবল, ই.টি.ষ্টাৰ্ডি, ক্যাপটেন আৰু মিছেচ চেভিয়েৰ-যিসকলে অদ্বৈত আশ্ৰম প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জে জে গুডউইন-তেওঁৰ ষ্টেনোগ্ৰাফাৰ হয় আৰু তেওঁ শিক্ষা আৰু বক্তৃতাসমূহৰ ৰেকৰ্ড কৰে। [৮২][৮৪] হেল ফ্যামিলি আমেৰিকাত তেওঁৰ উষ্ণতম আতিথ্যকৰ্তাসকলৰ অন্যতম আছিল। [৮৫] তেওঁৰ শিষ্য-ফ্ৰেঞ্চ মহিলা ম্যাডাম লুই হ’ল স্বামী অভয়ানন্দ আৰু মিষ্টাৰ লিয়ন ল্যাণ্ডসবাৰ্গ হ’ল স্বামী কৃপানন্দ। তেওঁ কোটিপ্ৰায় অন্যান্য শিষ্যক ব্ৰহ্মচাৰীত দীক্ষা দিয়ে। [৮৬] স্বামী বিবেকানন্দ ধাৰণাসমূহ বহুসংখ্যক পণ্ডিত আৰু বিখ্যাত চিন্তাবিদৰ দ্বাৰা প্ৰশংসিত হয়-উইলিয়াম জেমচ, জোচেফ ৰয়েচ, চি.চি. এভাৰেট, হাৰ্ভাৰ্ড ধৰ্মশাস্ত্ৰ বিদ্যালয়ৰ ডিন, ৰবাৰ্ট জি ইনগাৰচ’ল, নিকোলা টেচলা, লৰ্ড কেলভিন আৰু অধ্যাপক হাৰম্যান লুডউইক ফাৰডিন্যাণ্ড ভন হেলমহোলটজ। [৮] অন্যান্য ব্যক্তিত্ব যিসকলে তেওঁৰ কথাবাৰ্তাত আকৃষ্ট হয় তেওঁলোক হ’ল হ্যাৰিয়েট মনৰো আৰু এলা হুইলাৰ উইলকক্স-দুজন বিখ্যাত আমেৰিকান কবি, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক উইলিয়াম জেমচ; ব্ৰুকলিন এথিক্যাল এচ’চিয়েচনৰ সভাপতি ডক্তৰ লুইজ জি জেনচ; নৰৱেৰ পিয়ানোবাদক ওলে বুলৰ পত্নী চাৰা চি বুল; ফ্ৰাঞ্চৰ অভিনেত্ৰী চাৰাহ বাৰ্ণহাৰট আৰু ফ্ৰাঞ্চৰ অপেৰা সঙ্গীতশিল্পী ম্যাডাম এমা ক্যালভি। [৮৭] পশ্চিমৰ পৰাও তেওঁ তেওঁৰ ভাৰতীয় কাম কাজ চলায় আছিল। বিবেকানন্দই ভাৰতত অৱস্থানৰত তেওঁৰ অনুগামী আৰু সন্ন্যাসী ভাইসকলক অৰ্থপূৰ্ণ উপদেশ দি বিৰামহীনভাৱে চিঠি লিখিছিল। পাশ্চাত্যৰ পৰা পঠোৱা তেওঁৰ চিঠিসমূহে সেই দিনবিলাকত সামাজিক কামৰ বাবে তেওঁৰ প্ৰচাৰাভিযানৰ চালিকাশক্তি হিচাবে কাম কৰিছিল। [৮৮] তেওঁ ভাৰতত থকা তেওঁৰ শিষ্যসকলক ডাঙৰ কিবা এটা কৰাৰ বাবে অনুপ্ৰাণিত কৰাৰ বাবে ক্ৰমাগত চেষ্টা চলায় যায়। তেওঁলোকলৈ পঠোৱা তেওঁৰ চিঠিসমূহত তেওঁৰ সকলোতকৈ কঠিন কিছুমান শব্দ আছিল। [৮৯] এই ধৰণৰ এখন চিঠিত তেওঁ স্বামী অক্ষৰানন্দলৈ লিখিছিল, "খেতৰি চহৰৰ দৰিদ্ৰ আৰু নীচ শ্ৰেণী ঘৰে ঘৰে যোৱা আৰু তেওঁলোকক ধৰ্মশিক্ষা দিয়া। ভূগোল আৰু অন্যান্য বিষয়তো তেওঁলোকক মৌখিক শিক্ষা দিয়া। অলসভাৱে বহি থাকি, ৰাজকীয় খাদ্য খাই আৰু "ৰামকৃষ্ণ, হে প্ৰভু!" বুলিলেই একো ভাল নহব -যদি তুমি দৰিদ্ৰসকলৰ বাবে একো ভাল কৰিব নোৱাৰা।"[৯০][৯১] পৰিণামস্বৰূপে ১৮৯৫ চনত বেদান্ত শিক্ষাৰ উদ্দেশ্যে বিবেকানন্দৰ সৰবৰাহকৃত অৰ্থৰে মাদ্ৰাজত "ব্ৰহ্মাবদীন" নামেৰে এক সাময়িকপত্ৰ প্ৰকাশ কৰা আৰম্ভ হৈছিল। [৯২] পৰৱৰ্তীকালত (১৮৮৯) "ব্ৰহ্মাবদীন"ত "দি ইমিটেশন অফ ক্ৰাইষ্ট" ৰ প্ৰথম ছয় অধ্যায়ৰ বিবেকানন্দকৃত অনুবাদ প্ৰকাশিত হৈছিল। [৯৩] বিবেকানন্দই তেওঁৰ শিষ্য ক্যাপ্টেন আৰু মিছেচ চেভিয়েৰ আৰু জে জে গুডউইনক লৈ ১৮৯৬ চনৰ ১৬ ডিচেম্বৰত ইংলণ্ড এৰি ভাৰত অভিমুখে যাত্ৰা কৰে। এই যাত্ৰাৰ মাজতেই তেওঁলোকে ফ্ৰাঞ্চ আৰু ইটালী ভ্ৰমণ কৰে আৰু লিওনাৰ্ডো ডা ভিঞ্চিৰ দি লাষ্ট চাপাৰ দৰ্শন কৰি ১৮৯৬ চনৰ ৩০ ডিচেম্বৰ তাৰিখে ভাৰত উদ্দেশ্যে ন্যাপলচ বন্দৰ ত্যাগ কৰে। [৯৪] পৰৱৰ্তীকালত মিছ মুলাৰ আৰু চিষ্টাৰ নিবেদিতাই ভাৰতত তেওঁক অনুসৰণ কৰে। চিষ্টাৰ নিবেদিতাই তেওঁৰ বাকী জীৱন ভাৰতীয় নাৰীৰ শিক্ষাত আৰু ভাৰতৰ স্বাধীনতা অৰ্জনত নিয়োজিত কৰে। [৮২][৯৫] ভাৰতলৈ প্ৰত্যাবৰ্তন কলম্বোৰ পৰা আলমোৰালৈ বিবেকানন্দই ১৮৯৭ চনৰ ১৫ জানুৱাৰী তাৰিখে কলম্বো পায়গৈ আৰু এক পৰমানন্দদায়ক অভ্যৰ্থনা গ্ৰহণ কৰে। ইয়াত তেওঁ প্ৰাচ্যত তেওঁৰ প্ৰথম প্ৰকাশ্য বক্তৃতা (ভাৰত, পবিত্ৰ ভূমি) প্ৰদান কৰে। তাৰ পৰা কলকাতালৈ তেওঁৰ ভ্ৰমণ আছিল এক বিজয়ঘটিত অগ্ৰগতি। তেওঁ ভ্ৰমণ কৰে কলম্বোৰ পৰা পাম্বান, ৰামেস্বৰম, ৰামনাদ, মাদুৰাই, কুম্বাকোনাম আৰু মাদ্ৰাজ আৰু এই ঠাইসমূহত বক্তৃতা দিয়ে। জনগণ আৰু ৰজাসকলে তেওঁক অত্যুৎসাহী অভ্যৰ্থনা জনায়। পাম্বানৰ শোভাযাত্ৰাত ৰামনাদৰ ৰজাই নিজে স্বামীজীৰ ঘোঁৰাৰ গাড়ী টানিছিল। মাদ্ৰাজলৈ যোৱাৰ পথত কিছুমান ঠাইত য’তেই ট্ৰেইন নৰখাইছিল তাতেই জনগণে ৰেললাইনত বহি ট্ৰেইন ৰখাইছিল আৰু স্বামীজীৰ বক্তৃতা শুনাৰ পাছতহে ট্ৰেইনখনক যাবলৈ দিছিল। [৯৬] মাদ্ৰাজৰ পৰা তেওঁ কলকাতালৈ তেওঁৰ ভ্ৰমণ অব্যাহত ৰাখে আৰু আলমোৰা পৰ্য্যন্ত তেওঁ বক্তৃতা দিয়া চলায় যায়। পাশ্চাত্যত য’ত তেওঁ ভাৰতৰ মহান আধ্যাত্মিক ঐতিহ্যৰ কথা কৈছিল, তাত ভাৰতলৈ ঘূৰি আহি তেওঁৰ 'কলম্বোৰ পৰা আলমোৰা'লৈ বক্তৃতা আছিল জনগণৰ বাবে নৈতিক অনুপ্ৰেৰণা, বৰ্ণাশ্ৰম ভাতৃবিদ্বেষ দূৰীকৰণ, বিজ্ঞান শিক্ষাৰ উৎসাহদান, দেশৰ শিল্পায়ন, দাৰিদ্ৰ দূৰীকৰণ, ঔপনিবেশিক শাসনৰ অৱসান। এই সমস্ত বক্তৃতাসমূহ কলম্বোৰ পৰা আলমোৰা বক্তৃতা হিচাবে প্ৰকাশিত হৈছে। এই বক্তৃতাসমূহক জাতীয়তাবাদী ঐকান্তিকতা আৰু আধ্যাত্মিক ভাবাদৰ্শ বুলি বিবেচনা কৰা হয়। [৯৭] তেওঁৰ বক্তৃতাসমূহে মহাত্মা গান্ধী, বিপিন চন্দ্ৰ পাল আৰু বালগঙ্গাধৰ তিলক সহ আৰু অনেক ভাৰতীয় নেতাৰ ওপৰত প্ৰচুৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। [৯৮][৯৯] ৰামকৃষ্ণ মঠ আৰু মিছন প্ৰতিষ্ঠা অদ্বৈত আশ্ৰম, মায়াবতী, ৰামকৃষ্ণ মঠৰ এটা শাখা, প্ৰতিষ্ঠাকাল মাৰ্চ ১৯, ১৮৯৯, পৰৱৰ্তীকালত স্বামী বিবেকানন্দৰ অনেক লেখা প্ৰকাশ কৰে, বৰ্তমানে "প্ৰবুদ্ধ ভাৰত" সাময়িকী প্ৰকাশ কৰে ১৮৯৭ চনৰ ১ মেত কলকাতাত বিবেকানন্দই প্ৰতিষ্ঠা কৰে ধৰ্ম প্ৰচাৰৰ বাবে সংগঠন "ৰামকৃষ্ণ মঠ" আৰু সামাজিক কাম-কাজৰ বাবে সংগঠন "ৰামকৃষ্ণ মিছন।" [১০০] এইটো আছিল শিক্ষামূলক, সাংস্কৃতিক, চিকিৎসা-সংক্ৰান্ত আৰু দাতব্য কাম-কাজৰ মাজেৰে গৈ জনগণক সহায় কৰাৰ এক সামাজিক-ধৰ্মীয় আন্দোলনৰ আৰম্ভণি। [৭৮] ৰামকৃষ্ণ মিছনৰ আদৰ্শৰ ভেটি হৈছে কৰ্ম যোগ। [১০১][১০২] তেওঁৰ দ্বাৰা দুটি মঠ প্ৰতিষ্ঠিত হৈছিল যাৰ ভিতৰত কলকাতাৰ বেলুৰৰ মঠটোক ৰামকৃষ্ণ মঠ আৰু মিছনৰ হেডকোৱাৰ্টাৰ কৰা হৈছিল আৰু আনটো হিমালয়ৰ মায়াবতীত আলমোৰাৰ ওচৰত অদ্বৈত আশ্ৰম নামেৰে পৰিচিত আৰু পাছত তৃতীয় মঠটো মাদ্ৰাজত প্ৰতিষ্ঠা কৰা হৈছিল। ইংৰাজীত প্ৰবুদ্ধ ভাৰত আৰু বঙালীত উদ্বোধন নামেৰে দুটা সাময়িকী আৰম্ভ কৰা হৈছিল। [১০৩] একেই বছৰতে মুৰ্ছিদাবাদ জিলাত স্বামীয়ে দুৰ্ভিক্ষৰ বাবে অখণ্ডানন্দৰ তত্ত্বাৱ্ধানত উদ্ধাৰ কাৰ্য্য আৰম্ভ কৰা হৈছিল। [৭৮][১০০] ১৮৯৩ চনত পাশ্চাত্যত স্বামীজীৰ প্ৰথম ভ্ৰমণৰ সময়ত যেতিয়া তেওঁলোকে একেলগে ইয়োকাহামাৰ পৰা চিকাগো যাত্ৰা কৰিছিল তেতিয়া বিবেকানন্দই চাৰ জামছেদজী টাটাক এটা গবেষণা আৰু শিক্ষা প্ৰতিষ্ঠান গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিছিল। আনুমানিক এই সময়ত স্বামীজীয়ে টাটাৰ প্ৰতিষ্ঠিত "বিজ্ঞান গৱেষণা প্ৰতিষ্ঠান" ৰ প্ৰধান হোৱাৰ অনুৰোধ সম্বলিত এখন চিঠি পায়। কিন্তু বিবেকানন্দই সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে এই বুলি যে সেইটো তেওঁ আধ্যাত্মিক আগ্ৰহৰ লগত সংঘাতপূৰ্ণ হ’ব। [১০৪][১০৫] তেওঁ পাছত পুনঃসংস্কাৰকৃত হিন্দু ধৰ্মাৱলম্বীসকলৰ পক্ষৰ আৰ্য সমাজ আৰু গোঁড়া হিন্দু ধৰ্মাৱলম্বীসকলৰ পক্ষৰ সনাতনপন্থীসকলৰ মাজত ঐক্য প্ৰতিষ্ঠাৰ উদ্দেশ্যে পশ্চিম পঞ্জাব ভ্ৰমণ কৰে। ৰাৱালপিণ্ডীত তেওঁ আৰ্য সমাজবাদী আৰু মুছলমানসকলৰ মাজৰ সক্ৰিয় বিৰোধ নিৰ্মূল কৰাৰ পদ্ধতি সম্পৰ্কে পৰামৰ্শ দিয়ে। [১০৬] তেওঁ লাহোৰ ভ্ৰমণ স্মৰণীয় হয় তেওঁৰ বিখ্যাত বক্তৃতাৰ বাবে আৰু এজন গণিতৰ অধ্যাপক তীৰ্থ ৰাম গোস্বামীৰ লগত তেওঁৰ সম্পৃক্ততাৰ কাৰণেই এই অধ্যাপকে পাছলৈ স্বামী ৰাম তীৰ্থ নামেৰে সন্ন্যাসজীৱন গ্ৰহণ কৰিছিল আৰু ভাৰত আৰু আমেৰিকাত বেদান্ত প্ৰচাৰ কৰিছিল। [১০০] তেওঁ দিল্লী আৰু খেতৰিসহ অন্যান্য ঠাইও ভ্ৰমণ কৰে আৰু ১৮৯৬ চনৰ জানুৱাৰীত কলকাতালৈ ঘূৰি আহে। পৰৱৰ্তী কেইবামাহো তেওঁ মঠৰ কাম-কাজ সংহত কৰাত আৰু শিষ্যসকলক প্ৰশিক্ষণ দি সময় অতিবাহিত কৰে। দ্বিতীয় পাশ্চাত্য ভ্ৰমণ তেওঁৰ ভগ্ন স্বাস্থ্য সত্ত্বেও তেওঁ পুনৰ ১৮৯৯ চনৰ জুন মাহত পাশ্চাত্য উদ্দেশ্যে যাত্ৰা কৰে। [১০৭] তেওঁৰ সঙ্গী আছি চিষ্টাৰ নিবেদিতা আৰু স্বামী তুৰিয়ানন্দ। তেওঁ অলপ সময় ইংলণ্ডত থাকে তাৰপাছত আমেৰিকালৈ যায়। তেওঁৰ এই ভ্ৰমণকালত তেওঁ চানফ্ৰাঞ্চিচকো আৰু নিউইয়ৰ্কত বেদান্ত চ’চাইটি প্ৰতিষ্ঠা কৰে। তেওঁ এক সহৃদয় আমেৰিকান ভক্তৰ পৰা পোৱা ১৬০-একৰ মাটিত (০.৬৫ বৰ্গকি.মি.) ক্যালিফোৰ্ণিয়াত শান্তি আশ্ৰম প্ৰতিষ্ঠা কৰে। [১০৮] পাছত তেওঁ ১৯০০ চনত পেৰিচত ধৰ্ম মহাসভাত যোগ দিয়ে। [১০৯] লিঙ্গ পূজা আৰু গীতাৰ যথাৰ্থতা সম্পৰ্কিত বিবেকানন্দৰ পাণ্ডিত্যপূৰ্ণ প্ৰকাশৰ কাৰণে পেৰিচৰ বক্তৃতা স্মৰণীয়। পেৰিছৰ পৰা অলপ সময়ৰ কাৰণে তেওঁ ভ্ৰমণ কৰে ব্ৰিটানি, ভিয়েনা, ইস্তান্বুল, এথেঞ্চ আৰু মিচৰ। এই সময়ৰ বেছি ভাগ অংশত তেওঁ বিখ্যাত চিন্তাবিদ জুলচ বয়েচৰ অতিথি আছিল। [১০৮] তেওঁ ১৯০০ চনৰ ২৪ অক্টোবৰ তাৰিখে পেৰিছ ত্যাগ কৰে আৰু একেই বছৰৰ ৯ ডিচেম্বৰত বেলুৰ মঠ পায়গৈ। [১০৮] শেষ জীৱন বিবেকানন্দই কিছু দিন মায়াবতীৰ অদ্বৈত আশ্ৰমত আৰু পাছত বেলুৰ মঠত সময় অতিবাহিত কৰে। ইয়াৰপাছত শেষ দিন পৰ্যন্ত তেওঁ বেলুৰ মঠতেই থাকি ৰামকৃষ্ণ মিছন আৰু মঠৰ কাম-কাজ আৰু ইংলণ্ড আৰু আমেৰিকাৰ কাম-কাজ দেখাশুনা কৰি দিন অতিবাহিত কৰে। গোৱালিয়ৰৰ মহাৰাজসহ এই বছৰসমূহত হাজাৰ হাজাৰ দৰ্শকে তেওঁক চাবলৈ আহে। ১৯০১ চনৰ ডিচেম্বৰত তেওঁ চাবলৈ আহে লোকমান্য তিলকসহ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃস্থানীয়লোকসকল। জাপানৰ ধৰ্ম মহাসভাত যোগ দিয়াৰ কাৰণে তেওঁ ১৯০১ চনৰ ডিচেম্বৰত আমন্ত্ৰণ পাইছিল, কিন্তু তেওঁৰ ভগ্ন স্বাস্থ্যই সেইটো অসম্ভৱ কৰি তোলে। তেওঁৰ শেষ দিনবিলাকত তেওঁ বোধগয়া আৰু বাৰাণসীত তীৰ্থ কৰিছিল। [১১০] তেওঁৰ ভ্ৰমণসমূহ, উত্তেজনাপূৰ্ণ বক্তৃতাদান, ব্যক্তিগত আলোচনা আৰু চিঠিপত্ৰৰ আদান-প্ৰদানে তেওঁৰ স্বাস্থ্যৰ ওপৰত ক্ষতিকৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁ হাঁপানি, ডায়াবেটিচ আৰু অন্যান্য শাৰীৰিক অসুখত ভুগিছিল। [১১১] তেওঁৰ দেহ ত্যাগৰ কিছুদিন পূৰ্বে তেওঁক ইচ্ছাকৃতভাবে বৰ্ষপঞ্জী/পঞ্জিকা পঢ়া দেখা গৈছিল। তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰাৰ তিনি দিন আগেয়েই তেওঁক দাহ কৰাৰ স্থান দেখুৱায় দিছিল-যি স্থানত বৰ্তমানে তেওঁৰ স্মৃতিত এটা মন্দিৰ আছে। তেওঁ কেতিয়াবা মানুহৰ আগত মন্তব্য কৰিছিল যে তেওঁ চল্লিশ বছৰ বয়স পৰ্য্যন্ত নাবাচে। [১১১] তেওঁৰ দেহ ত্যাগ কৰাৰ দিনা তেওঁ বেলুৰ মঠত ৰাতিপুৱা কিছু ছাত্ৰক শুক্লা-যজুৰ্বেদ শিকায়। [১১২] তেওঁ ভ্ৰাতা-শিষ্য স্বামী প্ৰেমানন্দৰ লগত খোজ কাঢ়ে আৰু তেওঁক ৰামকৃষ্ণ মঠৰ ভবিষ্যৎ সম্পৰ্কে নিৰ্দেশনা দিয়ে। বিবেকানন্দই ধ্যান কৰাৰ সময়ত ১৯০২ চনৰ ৪ জুলাই ৰাতি ৯টা ১০ মিনিটত দেহ ত্যাগ কৰে। তেওঁৰ শিষ্যসকলৰ মতে এইয়া আছিল মহাসমাধি। [১১৩] পৰৱৰ্তীকালত তেওঁৰ শিষ্যসকলে লিপিবদ্ধ কৰে যে তেওঁলোকে স্বামীজীৰ নাসাৰন্ধ্ৰ, তেওঁৰ মুখ আৰু চকুত "সামান্য তেজ" লক্ষ্য কৰিছিল। [১১৪] ডাক্তাৰসকলে মন্তব্য কৰে যে এইটো হ’ল তেওঁৰ মস্তিষ্কত এডাল ৰক্তনলী ফাটি যোৱাৰ কাৰণে, কিন্তু তেওঁলোকে মৃত্যুৰ প্ৰকৃত কাৰণ উলিয়াব নোৱাৰিলে। তেওঁৰ শিষ্যসকলৰ মতানুসৰি ব্ৰহ্মৰন্ধ্ৰ-মস্তিষ্কৰ চূড়াৰ ৰন্ধ্ৰ-অৱশ্যেই ফাটি থাকিব যেতিয়া তেওঁ মহাসমাধি অৰ্জন কৰিছিল। বিবেকানন্দই তেওঁৰ চল্লিশ বছৰ বয়স পৰ্য্যন্ত বাচি নথকাৰ তেওঁৰ নিজৰ ভৱিষ্যৎবাণী পূৰণ কৰিছিল। [১১২] শিক্ষা আৰু দৰ্শন স্বামী বিবেকানন্দই বিশ্বাস কৰিছিল যে আদি শঙ্কৰৰ ভাষ্যৰ ভিত্তিতে বেদান্ত দৰ্শনত হিন্দু ধৰ্মৰ সাৰাংশ সকলোতকৈ ভালভাবে প্ৰকাশিত হৈছে। তেওঁ নিম্নলিখিতভাৱে বেদান্তৰ শিক্ষাসমূহৰ সাৰসংক্ষেপ কৰিছিল,[১১৫] প্ৰত্যেক আত্মাই সম্ভাব্যৰূপে ঐশ্যৰিক/দেৱসুলভ। [১১৫] লক্ষ্য হৈছে বাহ্যিক আৰু অভ্যন্তৰীণ প্ৰকৃতি নিয়ন্ত্ৰণৰ দ্বাৰা এই দেবত্বক সুস্পষ্টভাৱে দেখুৱা। [১১৫] কৰ্ম, বা পূজা, বা মন নিয়ন্ত্ৰণ, বা দৰ্শন এটাৰ দ্বাৰা, বা অধিকৰ দ্বাৰা, বা এই সকলবোৰৰ দ্বাৰা এক কৰা আৰু মুক্ত হোৱা। [১১৫] এইয়া হৈছে ধৰ্মৰ সমগ্ৰতা। মতবাদ, বা গোঁড়া মতবাদ, বা ধৰ্মীয় আচাৰ, বা গ্ৰন্থ, বা মন্দিৰ, বা মূৰ্তি হৈছে গৌণ খুঁটিনাটি বিষয়ৰ বাদে একো নহয়। [১১৫] যেতিয়ালৈকে আমাৰ দেশৰ এটা কুকুৰো ক্ষুধাৰ্ত, আমাৰ সমগ্ৰ ধৰ্মক ইয়াক খুৱাব লাগিব আৰু ইয়াৰ সেৱা কৰিব লাগিব, তাকে নকৰি অন্য যিয়ে কৰা নহওক লাগে তাৰ তুলনাত সকলো অধাৰ্মিক। জাগি উঠা, সচেতন হোৱা আৰু লক্ষ্যত উপনীত নোহোৱা পৰ্য্যন্ত থমকি নৰবা। শিক্ষা হৈছে মানুহৰ মাজত ইতিমধ্যে থকা উৎকৰ্ষৰ প্ৰকাশ। ধৰ্ম হৈছে মানুহৰ মাজত ইতিমধ্যে থকা দেবত্বৰ প্ৰকাশ। মানুহৰ সেৱা কৰা হৈছে ঈশ্বৰৰ সেৱা কৰা। বিবেকানন্দৰ মতানুসৰি, ৰামকৃষ্ণৰ পৰা পোৱা তেওঁৰ এটি গুৰুত্বপূৰ্ণ শিক্ষা হৈছে "জীৱ হৈছে শিৱ।" [১১৬] এইটো তেওঁৰ মন্ত্ৰত পৰিণত হয়, আৰু দৰিদ্ৰ নাৰায়ণৰ সেৱাৰ ধাৰণা উদ্ভাৱন কৰে-(দৰিদ্ৰ) মানুহৰ মাজত আৰু মাজেদিয়ে ঈশ্বৰৰ সেৱা হয়।"যদি সঁচাকৈয়ে সকলো ইন্দ্ৰিয়গোচৰ বস্তু বা বিষয়ৰ নিমিত্তে ব্ৰহ্মৰ একতা থাকে, তেনেহ’লে কিহৰ ভিত্তিত আমি অন্যৰ তুলনাত নিজৰ ভাল বা বেয়া বিবেচনা কৰিম?" এই প্ৰশ্ন তেওঁ নিজেই নিজকে কৰিছিল। শেষ পৰ্য্যন্ত তেওঁ সিদ্ধান্তত উপনীত হৈছিল যে এই পাৰ্থক্য বা স্বাতন্ত্ৰ্যসমূহ একতা/সমগ্ৰতাৰ মধ্যস্থিত পোহৰৰ শূন্যতাত মিলি যায় যেতিয়া ভক্তই মোক্ষ পায়। তেতিয়া এই একতা/সমগ্ৰতা সম্পৰ্কে অসচেতন "ব্যক্তিৰ" বাবে সমবেদনা আৰু তেওঁলোকক সহায় কৰাৰ দৃঢসংকল্প জাগ্ৰত হয়। স্বামী বিবেকানন্দই বেদান্তৰ সেই শাখাৰ অঙ্গীভূত বুলি নিজকে ভাবিছিল যি শাখাৰ মতে কোনেও প্ৰকৃতভাবে মুক্ত হব নোৱাৰে যেতিয়ালৈকে আমি নিজেই মুক্ত হ’ব নোৱাৰো। আনকি ব্যক্তিগত পাপমোচনৰ আকাংক্ষ্যা ত্যাগ কৰিব লাগিব, আৰু কেৱল অন্যৰ পাপমোচনৰ কাৰণে ক্লান্তিহীন কৰ্মেৰে আলোকিত মানুহৰ প্ৰকৃত চিহ্ন। আত্মনো মোক্ষাৰ্থম জগতহিতায় চ (নিজৰ পাপমোচনৰ কাৰণে আৰু জগতৰ মঙ্গলৰ কাৰণে) এই নীতিতে তেওঁ শ্ৰী ৰামকৃষ্ণ মঠ আৰু মিছন প্ৰতিষ্ঠা কৰে। [১১৭] বিবেকানন্দই তেওঁৰ শিষ্যসকলক পবিত্ৰ, অস্বাৰ্থপৰ হবলৈ আৰু শ্ৰদ্ধা/বিশ্বাস যাতে থাকে সেই উপদেশ দিছিল। তেওঁ ব্ৰহ্মাচৰ্য চৰ্চা কৰিবলৈ উপদেশ দিছিল। তেওঁৰ শৈশৱৰ বন্ধু প্ৰিয় নাথ সিনহাৰ লগত এক আলোচনাত তেওঁ তেওঁৰ দৈহিক আৰু মানসিক শক্তি আৰু বাগ্মীতাৰ উৎস/কাৰণ হিচাবে ব্ৰহ্মাচৰ্য চৰ্চাক অভিহিত কৰিছিল। [১১৮] বিবেকানন্দই পাৰাচাইকোলজি আৰু জ্যোতিষশাস্ত্ৰৰ আৱিৰ্ভূত ক্ষেত্ৰক সমৰ্থন কৰা নাছিল (ইয়াৰ এক দৃষ্টান্ত পোৱা যায় তেওঁৰ এক বক্তৃতাত মানুহে নিজেই তেওঁৰ ভাগ্য নিৰ্মাতা, সম্পূৰ্ণ কৰ্ম, ভলিউম ৮, নোটচ অফ ক্লাচ চ আৰু বক্তৃতাসমূহ) ইয়াৰ কাৰণ এই যে তেওঁৰ মতে এই ধৰণৰ কৌতূহলে আধ্যাত্মিক অগ্ৰগতিৰ সহায় নকৰে বৰং তাক ব্যাহতহে কৰে। প্ৰভাৱ বিংশ শতাব্দীৰ কেইবাজনো ভাৰতীয় নেতা আৰু দাৰ্শনিকে বিবেকানন্দৰ প্ৰভাৱ স্বীকাৰ কৰিছে। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল চক্ৰবৰ্তী ৰাজাগোপালচাৰীয়ে একেৰাহে লক্ষ্য কৰে যে "বিবেকানন্দই হিন্দু ধৰ্মক বচাই আছে, ভাৰতক বচাই আছে।"[১১৯] সুভাষ চন্দ্ৰ বসুৰ মতে বিবেকানন্দ "আধুনিক ভাৰতৰ নিৰ্মাতা" আৰু মহাত্মা গান্ধীৰ বাবে, বিবেকানন্দৰ প্ৰভাৱ বাঢ়িছে তেওঁৰ "দেশৰ কাৰণে ভালপোৱা অনেক হাজাৰ গুণৰ বাবে।" তেওঁক স্মৰণ কৰি ভাৰতত ১২ জানুৱাৰীত তেওঁৰ জন্মদিন উপলক্ষ্যে ভাৰতীয় যুৱ দিৱস পালিত হয়। এইয়া আছিল ভাৰতীয় যুৱকসকলৰ সম্পৰ্কে স্বামী বিবেকানন্দৰ যথাযথ ইঙ্গিত আৰু কিভাবে আধুনিক জগতত সম্পূৰ্ণভাৱে অংশগ্ৰহণৰ লগে লগে তেওঁলোকৰ প্ৰাচীন মূল্যবোধসমূহ ধৰি ৰাখিব পাৰি তাৰ বাবে চেষ্টা কৰা উচিত। স্বামী বিবেকানন্দই ভাৰতৰ স্বাধীনতা যুদ্ধৰ আন্দোলনক অনুপ্ৰাণিত কৰিছিল বুলি ব্যাপকভাৱে বিবেচনা কৰা হয়। তেওঁৰ লেখাসমূহে সুভাষ চন্দ্ৰ বসু, অৰবিন্দ ঘোষ আৰু বাঘা যতীনসহ স্বাধীনতা যোদ্ধাসকলৰ এক সম্পূৰ্ণ প্ৰজন্মকে অনুপ্ৰাণিত কৰিছিল। বিবেকানন্দ আছিল বিপ্লৱী স্বাধীনতা যোদ্ধা ভুপেন্দ্ৰনাথ দত্তৰ ভায়েক। ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰুত্বপূৰ্ণ ব্যক্তিত্ব সুভাষ চন্দ্ৰ বসুৱে কৈছিল, ’মই বিবেকানন্দৰ সম্পৰ্কে নিলিখাকৈ থাকিব নোৱাৰিছো। আনকি তেওঁৰ লগত যিসকলে অন্তৰঙ্গ হোৱাৰ সুযোগ পাইছে তেওঁলোকৰ মাজত খুব কম সংখ্যকেহে তেওঁক বুজি পাইছে বা তেওঁৰ গভীৰতাৰ উমান পাইছে। তেওঁৰ ব্যক্তিত্ব আছিল সমৃদ্ধ, সুগভীৰ, জটিল...ত্যাগত তেওঁ বেপৰোৱা, কৰ্মত তেওঁ বিৰতিহীন, ভালপোৱাত তেওঁ সীমাহীন, জ্ঞানত তেওঁ প্ৰগাঢ় ও বিচিত্ৰগামী, আবেগত তেওঁ প্ৰাণোচ্ছ্বল, আক্ৰমণত তেওঁ কৰুণাহীন তথাপি শিশুৰ দৰেই সৰল, আমাৰ পৃথিবীত তেওঁ আছিল এক বিৰল ব্যক্তিত্ব’। অৰবিন্দ ঘোষে বিবেকানন্দক তেওঁৰ আধ্যাত্মিক বিষয়ত বিজ্ঞ পৰামৰ্শদাতা হিচাবে বিবেচনা কৰিছিল। বিবেকানন্দ আছিল এক সক্ষম আত্মা যদিও কেতিয়াবা এইধৰণৰ কিছু কথা ওলায় যে, মানুহৰ মাজত তেওঁ এক সিংহ, কিন্তু তেওঁৰ সৃষ্টিশীল ক্ষমতা আৰু শক্তিৰ যি নিশ্চায়ক কৰ্ম তেওঁ ৰাখি গৈছে সেইয়া আমাৰ ধাৰণাৰ তুলনাত অতুলনীয়। তেওঁৰ প্ৰভাৱে এতিয়াও প্ৰচণ্ডভাৱে কাম কৰিছে বুলি আমি মনে মনে উপলব্ধি কৰোঁ, আমি ভালকৈ নাজানো কিভাবে, আমি ভালকৈ নাজানো ক’ত, কোনবোৰত এতিয়াও আকাৰ দিয়া হোৱা নাই, কিছুমান সিংহসদৃশ, মহিমান্বিত, অন্তৰ্জ্ঞানী, বৈপ্লবিক উত্থান যি ভাৰতৰ আত্মাত প্ৰৱেশ কৰিছে অৰু আমি কওঁ, "লক্ষ কৰা, বিবেকানন্দ এতিয়া তেওঁৰ মাতৃৰ আত্মাত জীয়াই আছে আৰু তেওঁৰ শিশু-সন্তানসকলৰ আত্মাত বাচি আছে। —শ্ৰী অৰবিন্দৰ বৈদিক আলোচনীত(১৯১৫) ফৰাচী নোবেল বিজয়ী ৰোমা ৰোলাৰ লিখনি, তেওঁৰ শব্দসমূহ যেন মহৎ সঙ্গীত, বাক্যাংশসমূহ বিটোভেনৰ বৈশিষ্ট্যমণ্ডিত, হ্যাণ্ডলৰ কোৰাচৰ কুচকাৱাজৰ দৰে সক্ৰিয় ছন্দময়। মই তেওঁৰ এই কথাসমূহ স্পৰ্শ কৰিব নোৱাৰো, কিতাপৰ পাতবিলাকৰ মাজেদি সেইবিলাক সামান্য আঁতৰ, ত্ৰিশ বছৰৰ দূৰত্বত, কোনো ৰোমাঞ্চ অনুভৱ নকৰাকৈয়ে মোৰ শৰীৰৰ মাজেৰে বিদ্যুত পাৰ হৈ যোৱা আঘাতৰ দৰে। আৰু আঘাত পোৱাকৈ বিদ্যুত পৰিবহণ কৰাৰ কথা, অৱশ্যেই উৎপন্ন হৈ থাকিব যেতিয়া সেইবিলাক নায়কৰ মুখেৰে নিৰ্গত হৈছিল! বিবেকানন্দই ভাৰতৰ উত্তম প্ৰতিষ্ঠানবিলাকৰ অন্যতম ভাৰতীয় বিজ্ঞান ইন্সটিটিউট, প্ৰতিষ্ঠাতা জামছেদজী টাটাক[১২০] অনুপ্ৰাণিত কৰিছিল। বিদেশত ম্যাক্স মুলাৰৰ লগত যোগাযোগ আছিল। স্বামী বিবেকানন্দৰ বেদান্ত দৰ্শনৰ দ্বাৰা প্ৰভাৱিতসকলৰ মাজত অন্যতম আছিল বিজ্ঞানী নিকোলা টেচলা। সৰ্বোপৰি হিন্দুধৰ্ম বৰ্ণাশ্ৰম-প্ৰথা শাসিত নাৰীবিদ্বেষী বিশ্বাসৰ এক ধৰ্ম ব্ৰিটিছ উপনিবেশ স্থাপনকাৰী প্ৰশাসকসকলৰ প্ৰচাৰণাৰ পৰা মুক্ত কৰি ভাৰতৰ প্ৰাচীন শিক্ষাসমূহ পাশ্চাত্যৰ দৰ্শক-শ্ৰোতাৰ সন্মুখত ইয়াক শুদ্ধ আকাৰে উপস্থাপন কৰি স্বামী বিবেকানন্দই হিন্দুসকলৰ মাজত এক গৌৰববোধৰ পুনৰুদ্ধাৰত সহায় কৰে। বস্ত্তত: পাশ্চাত্যত তেওঁৰ প্ৰাৰম্ভিক আকস্মিক আক্ৰমণ পৰৱৰ্তী ভাৰতীয় ধৰ্মীয় নেতাসকলে বিশ্বত তেওঁলোকৰ নিজৰ চিন ৰাখি যোৱাৰ পথ উন্মুক্ত কৰিছিলল, তাৰ লগতে হিন্দুসকল আৰু তেওঁলোকৰ ধৰ্মীয় ঐতিহ্যসমূহে পাশ্চাত্য জগতত প্ৰৱেশেৰ বাৰ্তা ঘোষনা কৰিছিল। স্বামী বিবেকানন্দৰ ধাৰণাসমূহে ভাৰতীয় যুৱকসকলৰ ওপৰত প্ৰচুৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। অনেক প্ৰতিষ্ঠানত ছাত্ৰসকল একত্ৰিত হৈ আধ্যাত্মিক ধ্যান-ধাৰণাসমূহৰ আলোচনা আৰু এই ধৰণৰ নীতিসমূহৰ চৰ্চা ত্বৰান্বিত কৰিবলৈ সংঘ গঢ়ি তুলিছিল। এনে ধৰণৰ অনেক সংঘই তেওঁৰ নাম অৱলম্বন/পৰিগ্ৰহণ কৰিছিল। আই আই টি মাদ্ৰাজত এনে ধৰণৰ এটি গ্ৰুপৰ অস্তিত্ব আছে যিটো সৰ্বসাধাৰণৰ মাজত বিবেকাননন্দ পাঠ চক্ৰ বা বিবেকানন্দ ষ্টাডি চাৰ্কোল নামে পৰিচিত। বিবেকানন্দ সমিতি নামেৰে আই আই টি কানপুৰতো এনে ধৰণৰ আৰু এটা গ্ৰুপ আছে। অধিকন্তু বিবেকানন্দৰ ধাৰণা আৰু শিক্ষাসমূহ বিশ্বব্যাপী প্ৰতিষ্ঠানসমূহত চৰ্চিত হৈ প্ৰচলিত হৈ আছে। মহাত্মা গান্ধীয়ে কৈছিল[১২১], "বিবেকানন্দৰ লেখাসমূহ কাৰো ওচৰত পৰিচয় কৰি দিয়াৰ দৰকাৰ নাই। সেইবিলাকৰ নিজৰ অপ্ৰতিৰোধ্য আবেদন আছে।" বেলুৰ মঠত গান্ধীজীয়ে কোৱা শুনা গৈছিল যে তেওঁৰ সমস্ত জীৱন আছিল বিবেকানন্দৰ ধাৰণাসমূহ কাৰ্যত পৰিণত কৰাৰ প্ৰচেষ্টা। বিবেকানন্দৰ মৃত্যুৰ অনেক বছৰৰ পাছত নোবেল বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল, "তুমি যদি ভাৰতক জানিব খোজা তেন্তে বিবেকানন্দক পঢ়া। তেওঁৰ সকলোবিলাকে ইতিবাচক, নেতিবাচক একোৱেই নাই।" ১৯৯৫ চনৰ ১১ নবেম্বৰ চিকাগোৰ প্ৰধানতম ৰাস্তাসমূহৰ এটা মিছিগান এভিনিউৰ এটা অংশ আনুষ্ঠানিকভাৱে "স্বামী বিবেকানন্দ চৰক" নামে পুনঃনামকৰণ কৰা হৈছিল। [১২২] বিবেকানন্দ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ যদিও ৰবীন্দ্ৰনাথ ঠাকুৰৰ কোনো প্ৰবন্ধতে বিবেকানন্দৰ সবিশেষ উল্লেখ নেই, কবি ৰোমা ৰোলাক কৈছিল, "যদি আপুনি ভাৰতক জানিব খোজে, তেন্তে বিবেকানন্দক পঢ়ক, তেওঁৰ মাজত সকলোবোৰ ইতিবাচক নেতিবাচক একোৱেই নাই।" বিবেকানন্দৰ সম্পৰ্কত ঠাকুৰে যে উচ্চ ধাৰণা পোষণ কৰিছিল ইয়াতেই গম পোৱা যায়। বিবেকানন্দৰ গুৰু ৰামকৃষ্ণ পৰমহংসদেৱ সম্পৰ্কে ৰবীন্দ্ৰনাথ এটি কবিতা লিখিছিল: "পৰমহংস ৰামকৃষ্ণ দেৱৰ প্ৰতি।" "বহু সাধকেৰ বহু সাধনাৰ ধাৰা, ধেয়ানে তোমাৰ মিলিত হয়েছে তাৰা; তোমাৰ জীৱনে অসীমেৰ লীলাপথে নূতন তীৰ্থ ৰূপ নিল এ জগতে; দেশ বিদেশেৰ প্ৰণাম আনিল টানি সেথায় আমাৰ প্ৰণতি দিলাম আনি॥" ৰামকৃষ্ণ মিছন আয়োজিত ৰামকৃষ্ণৰ শততম বাৰ্ষিকী উদযাপন অনুষ্ঠানত ঠাকুৰ আছিল প্ৰধান অতিথি আৰু তেওঁৰ ৰামকৃষ্ণৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছিল। ১৯৩৭ চনৰ ধৰ্ম মহাসভা যিখন কলকাতাৰ ৰামকৃষ্ণ মিছনত অনুষ্ঠিত হৈছিল তাত ঠাকুৰে ৰামকৃষ্ণক (যাৰ জন্ম শতবাৰ্ষিকী উদযাপিত হৈছিল) এজন মহান ঋষি হিচাবে স্বীকাৰ কৰে কাৰণ "তেওঁৰ আত্মাৰ বিশালতা আপাতদৃষ্টিত বিৰোধী সাধনাৰ প্ৰণালীসমূহ উপলব্ধি কৰিব পাৰে, কাৰণ তেওঁৰ আত্মাৰ সৰলতা মুখ্য পুৰোহিত আৰু পণ্ডিতসকলৰ আড়ম্বৰ আৰু ক্লান্তিকৰ আৰু অপ্ৰয়োজনীয় পণ্ডিতপনাক সকলো সময়ৰ বাবে লাজ দিয়ে।" কৰ্ম বিবেকানন্দই প্ৰচুৰ পৰিমাণে দাৰ্শনিক কাম কৰি গৈছে। তেওঁৰ চাৰি যোগৰ (ৰাজযোগ, কৰ্মযোগ, ভক্তিযোগ আৰু জ্ঞানযোগ) ওপৰত লিখা গ্ৰন্থসমূহ (বিশ্বৰ বিভিন্ন ঠাইত দিয়া বক্তৃতাৰ সংকলন) খুব প্ৰভাৱশালী আৰু হিন্দু যোগ চৰ্চাত আগ্ৰহী যি কোনো ব্যক্তিৰ বাবে এতিয়াও প্ৰাৰম্ভিক গ্ৰন্থ হিচাবে চোৱা দেখা যায়॥ তেওঁৰ চিঠিসমূহৰ সাহিত্যিক ও আধ্যাত্মিক মূল্য সুবিদিত। তেওঁক এজন ভাল গায়ক আৰি কবি হিচাবেও বিবেচনা কৰা হয়। মৃত্যুৰ পূৰ্বে তেওঁ অনেক সঙ্গীত ৰচনা কৰে। তেওঁ তেওঁৰ শিক্ষাবস্ত্তুত হাস্যৰস ব্যবহাৰ কৰিছিল আৰু ৰন্ধা-বঢ়াত পাকৈত আছিল। তেওঁৰ ভাষা আছিল সাৱলীল। তেওঁৰ নিজৰ বঙালী লেখাসমূহে এই ঘটনাৰ প্ৰামাণিক সাক্ষ্য দিয়ে যে তেওঁ তেওঁৰ "উচ্চাৰিত বা লিখিত" বক্তব্যবোৰ বিশ্বাস কৰিছিল বক্তা বা লিখকৰ জ্ঞান প্ৰদৰ্শনতকৈ বৰং শ্ৰোতা বা পাঠকৰ কাষত সেই বিষয়সমূহ সহজবোধ্য কৰাটোৱে আছিল তেওঁৰ উদ্দেশ্য। ৰচনাৱলী কৰ্ম যোগ জ্ঞান যোগ আৰু চাওক উপনিষদ বিবেকানন্দ কেন্দ্ৰ মেৰী লুই বাৰ্ক ম্যাক্স মুলাৰ বিবেকানন্দৰ ইলম সত্য সাই বাবা তথ্য সংগ্ৰহ 1893), (2005). 121. ৮.০ ৮.১ ৮.২ ৮.৩ ৮.৪ ৮.৫ 1964 21 যুগনায়ক বিবেকানন্দ (অধ্যায় "বংশ পৰিচয়"), প্ৰথম খণ্ড, স্বামী গম্ভীৰানন্দ, উদ্বোধন কাৰ্যালয়, কলকাতা, ১৯৮৪, পৃ. ১১-২৩ ১১.০ ১১.১ 11 (1996). প্ৰকাশক: 19। সংগৃহীত হৈছে: 16 2011. প্ৰকাশক: সংগৃহীত হৈছে: 3 2011. ১৪.০ ১৪.১ 20. 1995, 4 ১৬.০ ১৬.১ (2001). প্ৰকাশক: 628. ১৭.০ ১৭.১ (1987). প্ৰকাশক: 19. 46 (1976). প্ৰকাশক: 106. ২১.০ ২১.১ 1976, 53 .2 1976, 59 সম্পাদিত). 89. (2003). প্ৰকাশক: 5. 22. (1976). প্ৰকাশক: 106. ২৮.০ ২৮.১ (2003). প্ৰকাশক: 36-37. 2003, 233 1995, 7-9 (002-06-23). ভাষাত). প্ৰকাশক: সংগৃহীত হৈছে: 2008-10-09. 2004); 2008-09-04 তাৰিখে সংগৃহীত॥ 22. "শ্ৰীশ্ৰীৰামকৃষ্ণলীলাপ্ৰসঙ্গ", দ্বিতীয় ভাগ (ঠাকুৰৰ দিব্যভাৱ আৰু নৰেন্দ্ৰনাথ), স্বামী সাৰদানন্দ, উদ্বোধন কাৰ্যালয়, কলকাতা, পৃষ্ঠা ৮৩ 17. ৩৬.০ ৩৬.১ ৩৬.২ 2003, 232 4. প্ৰকাশক: 178-179. ৩৮.০ ৩৮.১ ৩৮.২ 1995, 10-13 ৩৯.০ ৩৯.১ (1929). .169-193. (1968). প্ৰকাশক: .4. (1976). প্ৰকাশক: 20. 98. (1976). প্ৰকাশক: 20. 183 ৪৫.০ ৪৫.১ (1929). 201–214. ৪৬.০ ৪৬.১ .38 .39 277 2008, 7 1976, 243 ৫১.০ ৫১.১ (1996). প্ৰকাশক: 77-78. 12. ৫৩.০ ৫৩.১ ৫৩.২ ৫৩.৩ ৫৩.৪ 2008, 16-25 214-216 2008, 11-12 ৫৬.০ ৫৬.১ ৫৬.২ 1995, 19-22 227-228 ৫৮.০ ৫৮.১ 243-261 2008, 15 262-287 2008, 25 1892; 1976, 1434 288-320 321-346 323–325 327–329 339–342 1919, 344–346 ৬৯.০ ৬৯.১ (1998), প্ৰকাশক: 59, আইএসবিএন 9788120815247 .24 ৭১.০ ৭১.১ ৭১.২ (2005), প্ৰকাশক: 246–248, আইএসবিএন 0143032542 15 ৭৩.০ ৭৩.১ (1986), প্ৰকাশক: 133 16 1995, 27 ৭৬.০ ৭৬.১ 17 ৭৭.০ ৭৭.১ ৭৭.২ 1991 ৭৮.০ ৭৮.১ ৭৮.২ ৭৮.৩ 2003, 234 202 87 18 ৮২.০ ৮২.১ ৮২.২ ৮২.৩ ৮২.৪ ৮২.৫ 121–122 1995, 30 ৮৪.০ ৮৪.১ .49-50 .27 (1958), 618 .47 (1982), প্ৰকাশক: 219 (1963), 577 (1983), 417 (1963), প্ৰকাশক: 227 (2005), প্ৰকাশক: 345 83 .33-34 .852 33–34 20 27 1964), খণ্ড: 32 (1): 35–42, ১০০.০ ১০০.১ ১০০.২ 1995, 34–35 (1974), 44, 181, 151 2003, 235 3, 2007). প্ৰকাশক: 291 450 ১০৮.০ ১০৮.১ ১০৮.২ 1995, 41–42 4, প্ৰকাশক: 1995, 43–44 ১১১.০ ১১১.১ 1995, 45–46 ১১২.০ ১১২.১ 645–662 (2006), 27 (2005), .241, ১১৫.০ ১১৫.১ ১১৫.২ ১১৫.৩ ১১৫.৪ (1994), প্ৰকাশক: 33–34 (1991), প্ৰকাশক: 68 (1998), প্ৰকাশক: 5 112, 1983. (2002), প্ৰকাশক: 74, আইএসবিএন 9781577312376 13, 1998 (1996). 276, বাহ্যিক সংযোগ ভাৰতৰ ব্যক্তি ভাৰতৰ ধৰ্মীয়
74155
https://as.wikipedia.org/wiki/%E0%A6%A7%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A6%A3%20%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A7%83%E0%A6%A4%E0%A6%BF
ধৰ্ষণ সংস্কৃতি
ধৰ্ষণ সংস্কৃতি হৈছে এক নিৰ্দিষ্ট পৰিৱেশৰ সমাজতাত্ত্বিক তত্ত্ব য'ত লিংগ আৰু যৌনতা সম্পৰ্কীয় সামাজিক মনোভাৱৰ বাবে ব্যাপক হাৰত ধৰ্ষণ হোৱাৰ উপৰি এই প্ৰক্ৰিয়াটো স্বাভাৱিক বুলি ভৱা হয়। ধৰ্ষণ সংস্কৃতিৰ সৈতে সচৰাচৰ সম্পৰ্কিত আচৰণবোৰৰ ভিতৰত আছে ভুক্তভোগীক দোষাৰোপ কৰা, বেশ্যা বুলি লাজ দিয়া, যৌন উপভোগৰ পণ্য বুলি ধৰি লোৱা, ধৰ্ষণক তুচ্ছ কৰা, ব্যাপক ধৰ্ষণৰ অস্বীকাৰ, যৌন হিংসাৰ ফলত হোৱা ক্ষতিস্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰা, বা এইবোৰৰ কিছু সংমিশ্ৰণ। কাৰাগাৰৰ ধৰ্ষণৰ লগতে ইয়াক সামাজিক গোটৰ আচৰণ বৰ্ণনা আৰু ব্যাখ্যা কৰিবলৈ ব্যৱহাৰ কৰা হৈছে, যাৰ ভিতৰত যুদ্ধ বা সংঘাতৰ সময়ত হোৱা ধৰ্ষণক মনস্তাত্বিক সংঘাত হিচাপে আখ্যা দিয়া হৈছে। এই গোটেই সমাজখনক ধৰ্ষণ সংস্কৃতি বুলি অভিহিত কৰা হৈছে। ই ধৰ্ষণৰ কল্পনা আৰু ধৰ্ষণ পৰ্ণগ্ৰাফিৰ সৈতেও সম্পৰ্কিত। মুখ্যতঃ আমেৰিকা যুক্তৰাষ্ট্ৰত, ১৯৭৯ ৰ দশকৰ পৰা আৰম্ভ হোৱা ধৰ্ষণ সংস্কৃতিৰ ধাৰণাটো দ্বিতীয় তৰংগৰ নাৰীবাদীসকলৰ দ্বাৰা সামাজিক প্ৰেক্ষাপটত প্ৰকাশ হয়। ধাৰণাটোৰ সমালোচকসকলে ইয়াৰ অস্তিত্ব বা পৰিসৰ সম্পৰ্কীয় যুক্তি দিয়ে যে ধাৰণাটো অতি সংকীৰ্ণ বা যদিও এনে কিছুমান সংস্কৃতি আছে য'ত ধৰ্ষণৰ ব্যাপকতা দেখা যায়, সেই স্থান বিশেষত ধৰ্ষণ সংস্কৃতিৰ ধাৰণাটোৱে বুজাব পাৰে যে ধৰ্ষণকাৰী সকল দোষ মুক্ত। বৰঞ্চ এনে সমাজত ধৰ্ষণ এক সাধাৰণ বিষয়। বিভিন্ন আন্দোলনৰ দ্বাৰা ধৰ্ষণ সংস্কৃতিৰ বিৰুদ্ধে মাত মতা হৈছে। যেনে: ‘স্লাটৱাক’ আৰু ‘মি টু’। ২০০৬ চনত আমেৰিকান এক্টিভিষ্ট আৰু যৌন নিৰ্যাতনৰ পৰা বাচি অহা তৰানা বাৰ্কে প্ৰথমবাৰৰ বাবে মি টু আন্দোলন আৰম্ভ কৰিছিল। এই আন্দোলনবোৰে হেচটেগৰ জৰিয়তে ভুক্তভোগীৰ কাহিনী সামাজিক মাধ্যমৰ দ্বাৰা মানুহৰ মাজত বিয়পোৱাত সহায় কৰিছে আৰু এক অনলাইন স্থান প্ৰদান কৰিছে য'ত বিভিন্ন ধৰণৰ যৌন হিংসাৰ ভুক্তভোগীসকলে ইজনে সিজনক চিনি পাইছে বা নিজ নিজ সমস্যা সম্পৰ্কে আলোচনা কৰিব পাৰিছে। উৎপত্তি আৰু ব্যৱহাৰ "ধৰ্ষণ সংস্কৃতি" শব্দটো প্ৰথমবাৰৰ বাবে ১৯৭০-ৰ দশকত আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বিতীয় তৰংগৰ নাৰীবাদীসকলৰ দ্বাৰা সামাজিক কৰা হৈছিল আৰু সামগ্ৰিকভাৱে ই সমসাময়িক আমেৰিকান সংস্কৃতিৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছিল। ১৯৭০-ৰ দশকত দ্বিতীয় তৰংগৰ নাৰীবাদীসকলে ধৰ্ষণৰ প্ৰচলনৰ বিষয়ে জনসাধাৰণক শিক্ষিত আৰু সজাগ কৰাৰ উদ্দেশ্যে চেতনা বৃদ্ধিৰ প্ৰচেষ্টাত লিপ্ত হ'বলৈ আৰম্ভ কৰিছিল। কানাডিয়ান মনোবিজ্ঞানৰ অধ্যাপক আলেকজেন্দ্ৰা ৰাডাৰফৰ্ডৰ মতে, বেছিভাগ আমেৰিকাবাসীয়ে ধাৰণা কৰিছিল যে ধৰ্ষণ, অনাচাৰ আৰু পত্নীক প্ৰহাৰ কৰাটো বিৰল। ধৰ্ষণ সংস্কৃতিৰ ধাৰণাটোৱে দেখুৱাইছিল যে আমেৰিকান সংস্কৃতিত ধৰ্ষণ সাধাৰণ আৰু স্বাভাৱিক আছিল আৰু ই ব্যাপক সামাজিক বিদ্বেষ আৰু যৌনতাৰ এক চৰম প্ৰকাশ। ধৰ্ষণক যৌন অপৰাধৰ সলনি এক হিংসাত্মক অপৰাধ হিচাপে পুনৰ সংজ্ঞায়িত কৰা হৈছিল আৰু ইয়াৰ উদ্দেশ্য যৌন আনন্দৰ আকাংক্ষাৰ পৰা পুৰুষৰ আধিপত্য, ভীতি প্ৰদৰ্শন আৰু লিংগ নিয়মৰ ওপৰত নিয়ন্ত্ৰণৰ অনুভূতি স্বৰূপে পুনৰ সংজ্ঞায়িত কৰা হৈছিল। অপৰাধী সকলৰ পৰিৱৰ্তে ভুক্তভোগীসকলৰ দৃষ্টিৰে ধৰ্ষণৰ পুনৰ পৰীক্ষণ আৰম্ভ হৈছিল। প্ৰভাৱ ধৰ্ষণ সংস্কৃতিক মহিলা আৰু পুৰুষ দুয়োৰে বাবে ক্ষতিকাৰক বুলি বৰ্ণনা কৰা হৈছে। কিছুমান লেখক আৰু বক্তা, যেনে জেকচন কাটজ, মাইকেল কিমেল, আৰু ডন মেকফাৰ্চনৰ মতে এই সংস্কৃতি লিংগ ভূমিকাৰ সৈতে অন্তৰ্নিহিতভাৱে সম্পৰ্কিত যি পুৰুষৰ আত্মপ্ৰকাশ সীমিত কৰাৰ লগতে মানসিক ভাৱে প্ৰভাৱ পেলায়। ৰাজনৈতিক বিজ্ঞানী আইৰিছ মেৰিয়ন ইয়ঙৰ মতে ধৰ্ষণ সংস্কৃতিৰ ভুক্তভোগীসকল যদৃচ্ছভাৱে অত্যাচাৰী যৌন হিংসাৰ ভয়ত বাস কৰিব লগাত পৰে, ইয়াৰ দ্বাৰা ভুক্তভোগীক ক্ষতিগ্ৰস্ত বা অপমানিত কৰা হয়। আন কোনো কোনোৱে ধৰ্ষণ সংস্কৃতিক আধুনিকীকৰণ আৰু ঔদ্যোগিকৰণৰ সৈতে সম্পৰ্কিত কৰে, তেওঁলোকে ইয়াৰ পক্ষত এইবুলি যুক্তি দিয়ে যে- প্ৰাক-ঔদ্যোগিক সমাজবোৰ "ধৰ্ষণ মুক্ত" সংস্কৃতি হোৱাৰ প্ৰৱণতাৰ আছিল, কিয়নো এই সমাজবোৰত মহিলাৰ নিম্ন স্থিতিয়ে তেওঁলোকক যৌন হিংসাৰ পৰা কিছু মুক্তি দিয়ে। ঔদ্যোগিক তথা সৰ্বাংগীণ বিকাশৰ ফলত মহিলাসকলে তেওঁলোকৰ ঘৰুৱা ভূমিকাৰ পৰা ওলাই আহি পৰম্পৰাগতভাৱে পুৰুষৰ আধিপত্য থকা কৰ্মস্থান আৰু অন্যান্য ক্ষেত্ৰত দৃশ্যমান হৈ পৰাত পুৰুষৰ দ্বাৰা তেওঁলোকৰ নিৰাপত্তাহীনতা বৃদ্ধি হৈছে আৰু পৰিণতিত মহিলাসকলক দমন কৰিবলৈ ধৰ্ষণক এক উপায় হিচাপে অৱলম্বন কৰা হয়। আন কিছুমানে ধৰ্ষণ সংস্কৃতিক পাৰিপাৰ্শ্বিক নিৰাপত্তাহীনতাৰ সৈতেও সম্পৰ্কিত কৰে, য'ত পুৰুষে মহিলাসকলক তেওঁলোকৰ তাৎক্ষণিক পৰিৱেশ নিয়ন্ত্ৰণ কৰাৰ সংগ্ৰামৰ অংশ হিচাপে আপত্তি দৰ্শায়। ই লিংগ পৃথক্কৰণৰ সৈতেও সম্পৰ্কিত, ইয়াৰোপৰি ধৰ্ষণক পুৰুষত্ব প্ৰমাণৰ এক উপায় বুলি বিশ্বাস প্ৰচলিত। ধৰ্ষণ সংস্কৃতিৰ ভিতৰত আছে ব্যাপক ধৰ্ষণৰ অস্বীকাৰ, ধৰ্ষণ সমস্যাৰ প্ৰতি প্ৰতিষ্ঠানগত উদাসীনতা, চৰকাৰী বিষয়াসকলৰ দ্বাৰা ধৰ্ষণৰ ঘটনাৰ তথ্য হ্ৰাস কৰণ, তথা ধৰ্ষণকাৰীসকল সামাজিক আৱৰ্জনা বুলি উজুহাত দেখুওৱা। তথ্যসূত্ৰ
69574
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%BE%20%E0%A6%86%E0%A7%B0%E0%A7%81%20%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A6%B8%E0%A7%82%E0%A6%9A%E0%A7%80%20%E0%A7%B0%E0%A7%82%E0%A6%AA%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A3%20%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয় হৈছে প্ৰকাশিত পৰিসংখ্যা আৰু মানদণ্ডৰ দিশবোৰৰ সৈতে সম্পৰ্কিত ভাৰত চৰকাৰৰ এক মন্ত্ৰালয়। মন্ত্ৰালয়ে চলোৱা জৰীপবোৰ বৈজ্ঞানিক নমুনা পদ্ধতিৰ ওপৰত আধাৰিত। ইতিহাস পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয় (এম.ও.এছ.পি.আই.) পৰিসংখ্যা বিভাগ আৰু কাৰ্যসূচী ৰূপায়ণ বিভাগৰ একত্ৰীকৰণৰ পিছত ১৯৯৯ চনৰ ১৫ অক্টোবৰ তাৰিখে এক স্বতন্ত্ৰ মন্ত্ৰালয় হিচাপে অস্তিত্বত আহিছিল। বিভাগসমূহ মন্ত্ৰালয়ৰ দুটা শাখা আছে, এটা পৰিসংখ্যা আৰু আনটো কাৰ্যসূচী ৰূপায়ণ সম্পৰ্কীয়। ৰাষ্ট্ৰীয় পৰিসাংখ্যিক কাৰ্যালয় (এন.এছ.অ') নামৰ পৰিসংখ্যা শাখাত কেন্দ্ৰীয় পৰিসাংখ্যিক কাৰ্যালয় (চি.এছ.ও), কম্পিউটাৰ কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় নমুনা জৰীপ কাৰ্যালয় (এন.এছ.এছ.ও) আছে। কাৰ্যসূচী ৰূপায়ণ শাখাৰ তিনিটা বিভাগ আছে, যেনে, বিশ দফা কাৰ্যসূচী আন্তঃগাঁথনি নিৰীক্ষণ আৰু প্ৰকল্প নিৰীক্ষণ, সংসদ সদস্য স্থানীয় এলেকা উন্নয়ন আঁচনি। এই দুটা শাখাৰ উপৰিও, ভাৰত চৰকাৰৰ এক প্ৰস্তাৱ আৰু এটা স্বায়ত্তশাসিত প্ৰতিষ্ঠান (এম.ও.এছ.পি.আই.), যেনে ভাৰতীয় পৰিসাংখ্যিক প্ৰতিষ্ঠানক সংসদৰ এক আইনৰ দ্বাৰা ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰি ৰাষ্ট্ৰীয় পৰিসাংখ্যিক আয়োগ সৃষ্টি কৰা হৈছে। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে দেশত প্ৰকাশিত পৰিসংখ্যা আৰু মানদণ্ডৰ দিশবোৰক যথেষ্ট গুৰুত্ব দিয়ে। প্ৰকাশ কৰা পৰিসংখ্যাবোৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত প্ৰশাসনিক উৎস, জৰীপ আৰু লোকপিয়ল আৰু অনা-চৰকাৰী উৎস আৰু অধ্যয়নৰ ওপৰত আধাৰিত। মন্ত্ৰালয়ে চলোৱা জৰীপবোৰ বৈজ্ঞানিক নমুনা পদ্ধতিৰ ওপৰত আধাৰিত। ক্ষেত্ৰ তথ্য সমৰ্পিত ক্ষেত্ৰ কৰ্মচাৰীৰ জৰিয়তে সংগ্ৰহ কৰা হয়। মন্ত্ৰালয়ে প্ৰকাশ কৰা পৰিসংখ্যাৰ মানদণ্ডৰ ওপৰত গুৰুত্ব দিয়াৰ সৈতে সংগতি ৰাখি, ৰাষ্ট্ৰীয় একাউণ্ট সংকলন সম্পৰ্কীয় পদ্ধতিগত বিষয়বোৰ ৰাষ্ট্ৰীয় একাউণ্টৰ পৰামৰ্শদাতা সমিতি, ঔদ্যোগিক পৰিসংখ্যাৰ স্থায়ী সমিতি, মূল্য সূচকৰ ওপৰত কাৰিকৰী পৰামৰ্শদাতা সমিতিৰ দৰে সমিতিৰ তত্বাৱধান কৰা হয়। মন্ত্ৰালয়ে পৰিসাংখ্যিক কৌশল আৰু ব্যাপক পৰীক্ষা আৰু তত্বাৱধান প্ৰয়োগ কৰাৰ পিছত বৰ্তমানৰ তথ্যৰ ওপৰত আধাৰিত কৰি ডাটা সংকলন কৰে। দায়িত্বসমূহ ৰাষ্ট্ৰীয় পৰিসাংখ্যিক কাৰ্যালয় (এন.এছ.ও.) নিম্নলিখিত দায়িত্ববোৰৰ সৈতে বাধ্যতামূলক: দেশত পৰিসাংখ্যিক প্ৰণালীৰ পৰিকল্পিত বিকাশৰ বাবে নোডেল এজেঞ্চী হিচাপে কাম কৰে, পৰিসংখ্যাৰ ক্ষেত্ৰত নিয়ম আৰু মানদণ্ড নিৰ্ধাৰণ আৰু বজাই ৰাখে, ধাৰণা আৰু সংজ্ঞা, তথ্য সংগ্ৰহৰ পদ্ধতি, তথ্য প্ৰক্ৰিয়াকৰণ আৰু ফলাফলৰ প্ৰসাৰ অন্তৰ্ভুক্ত কৰে; ভাৰত চৰকাৰৰ মন্ত্ৰালয়/বিভাগ আৰু ৰাজ্যিক পৰিসাংখ্যিক বিভাগ (এছ.এছ.বি.)ৰ সন্দৰ্ভত পৰিসাংখ্যিক কামৰ সমন্বয় কৰে, পৰিসাংখ্যিক পদ্ধতি আৰু তথ্যৰ পৰিসাংখ্যিক বিশ্লেষণৰ ওপৰত ভাৰত চৰকাৰৰ মন্ত্ৰালয়/বিভাগবোৰক পৰামৰ্শ দিয়ে; ৰাষ্ট্ৰীয় একাউণ্ট প্ৰস্তুত কৰাৰ লগতে ৰাষ্ট্ৰীয় সামগ্ৰী, চৰকাৰী আৰু ব্যক্তিগত ব্যৱহাৰ ব্যয়, মূলধন গঠন, সঞ্চয়, মূলধন ৰখাৰ আকলন আৰু স্থিৰ মূলধনৰ ব্যৱহাৰৰ বাৰ্ষিক আকলন প্ৰকাশ কৰে, লগতে ৰাজ্যিক পৰ্যায়ৰ মুঠ মূলধন বহু-আঞ্চলিক খণ্ডৰ গঠন কৰে আৰু বৰ্তমান মূল্যত ৰাজ্যিক ঘৰুৱা উৎপাদনৰ (এছ.ডি.পি) তুলনামূলক আকলন প্ৰস্তুত কৰে; আন্তৰ্জাতিক পৰিসাংখ্যিক সংগঠন, যেনে ৰাষ্ট্ৰসংঘৰ পৰিসাংখ্যিক বিভাগ (ইউ.এন.এছ.ডি), এছিয়া আৰু প্ৰশান্ত মহাসাগৰৰ বাবে অৰ্থনৈতিক আৰু সামাজিক আয়োগ (ই.এচ.চি.এ.পি), এছিয়া আৰু প্ৰশান্ত মহাসাগৰৰ পৰিসাংখ্যিক প্ৰতিষ্ঠান (এছ.আই.এ.পি), আন্তৰ্জাতিক মুদ্ৰা নিধি (আই.এম.এফ), এছিয়ান উন্নয়ন বেংক (এ.ডি.বি), খাদ্য আৰু কৃষি সংগঠন (এফ.এ.ও.), আন্তৰ্জাতিক শ্ৰমিক সংগঠন (আই.এল.ও.), ইত্যাদিৰ সৈতে সম্পৰ্ক বজাই ৰাখে। "দ্ৰুত আকলন"ৰ ৰূপত প্ৰতি মাহে ঔদ্যোগিক উৎপাদন সূচক (আই.আই.পি) সংকলন আৰু মুকলি কৰে; উদ্যোগৰ বাৰ্ষিক জৰীপ (এ.এছ.আই) পৰিচালনা কৰে; আৰু সংগঠিত উৎপাদন খণ্ডৰ বিকাশ, গঠন আৰু গাঁথনিৰ পৰিৱৰ্তন-মূল্যায়ন আৰু মূল্যাঙ্কন কৰিবলৈ পৰিসাংখ্যিক তথ্য প্ৰদান কৰে; সমগ্ৰ ভাৰতীয় অৰ্থনৈতিক লোকপিয়ল আৰু অনুসৰণ উদ্যোগ জৰীপবোৰ সংগঠিত আৰু পৰিচালনা কৰে, বিভিন্ন আৰ্থ-সামাজিক জৰীপ আৰু অৰ্থনৈতিক লোকপিয়লৰ অনুসৰণ উদ্যোগ জৰীপৰ জৰিয়তে সংগ্ৰহ কৰা তথ্য প্ৰক্ৰিয়া কৰাৰ বাবে এক আভ্যন্তৰীণ সুবিধা প্ৰদান কৰে; বিভিন্ন আৰ্থ-সামাজিক ক্ষেত্ৰত বিভিন্ন জনসংখ্যা গোটৰ লাভালাভৰ বাবে নিৰ্দিষ্ট সমস্যাৰ প্ৰভাৱ অধ্যয়ন কৰাৰ বাবে প্ৰয়োজনীয় ডাটাবেচ সৃষ্টি কৰাৰ বাবে বৃহৎ পৰিমাণৰ সৰ্বভাৰতীয় নমুনা জৰীপ কৰে, যেনে নিযুক্তি, উপভোক্তা ব্যয়, বাসস্থানৰ স্থিতি আৰু পৰিৱেশ, সাক্ষৰতাৰ স্তৰ, স্বাস্থ্য, পুষ্টি, পৰিয়াল কল্যাণ ইত্যাদি; কাৰিকৰী দিশৰ পৰা জৰীপৰ প্ৰতিবেদনবোৰ পৰীক্ষা কৰে আৰু ৰাষ্ট্ৰীয় নমুনা জৰীপ সংগঠন আৰু অন্যান্য কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগৰ দ্বাৰা কৰা জৰীপৰ সন্দৰ্ভত জৰীপৰ সম্ভাৱ্যতা অধ্যয়নসহ নমুনা ৰচনা মূল্যাঙ্কন কৰে; চৰকাৰ, অৰ্ধ-চৰকাৰ, বা ব্যক্তিগত ডাটা ব্যৱহাৰকাৰী/সংস্থাসমূহলৈ বিতৰণ কৰা কেইবাটাও প্ৰকাশনৰ জৰিয়তে বিভিন্ন দিশৰ ওপৰত পৰিসাংখ্যিক তথ্য প্ৰচাৰ কৰা; আৰু অনুৰোধ কৰিলে, ৰাষ্ট্ৰসংঘৰ সংস্থা যেনে ইউ.এন.এছ.ডি, ই.এচ.চি.এ.পি, আই.এল.অ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংস্থালৈ তথ্য প্ৰচাৰ কৰে; বিশেষ অধ্যয়ন বা জৰীপ কৰা, পৰিসাংখ্যিক প্ৰতিবেদন মুদ্ৰণ, আৰু চৰকাৰী পৰিসংখ্যাৰ বিভিন্ন বিষয়ৰ ক্ষেত্ৰসম্পৰ্কীয় আলোচনাচক্ৰ, কৰ্মশালা আৰু সন্মিলনৰ বাবে পঞ্জীভুক্ত বেচৰকাৰী সংগঠন আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক অনুদান-সহায় মুকলি কৰে। কাৰ্যসূচী ৰূপায়ণ শাখাৰ বিশ দফা কাৰ্যসূচীৰ নিৰীক্ষণ (টি.পি.পি) দেশৰ ১১ টা মুখ্য আন্তঃগাঁথনি খণ্ডৰ প্ৰদৰ্শন নিৰীক্ষণ কৰা, যেনে শক্তি, কয়লা, ইস্পাত, ৰেল, দূৰসংযোগ, বন্দৰ, সাৰ, চিমেণ্ট, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ, পথ আৰু অসামৰিক বিমান পৰিবহন (আই.পি.এম.ডি); ১৫০ কোটি টকা আৰু অধিক ব্যয়ৰ সকলো কেন্দ্ৰীয় খণ্ডৰ প্ৰকল্পৰ নিৰীক্ষণ (আইপিএমডি); আৰু সাংসদস্থানীয় এলেকা উন্নয়ন আঁচনি (এম.পি.এল.এডি.এছ)ৰ ৰূপায়ণ নিৰীক্ষণ কৰা। প্ৰশাসন বিভাগ প্ৰশিক্ষণ, কেৰিয়াৰ আৰু জনশক্তি পৰিকল্পনাৰ দৰে বিষয়সহ ভাৰতীয় পৰিসাংখ্যিক সেৱা আৰু অধীনস্থ পৰিসাংখ্যিক সেৱা পৰিচালনা কৰিবলৈ কেডাৰ নিয়ন্ত্ৰণ কৰ্তৃপক্ষ হিচাপে কাম কৰা; আৰু ভাৰতীয় পৰিসাংখ্যিক প্ৰতিষ্ঠানৰ বাবে নোডেল মন্ত্ৰালয় হিচাপে কাম কৰে আৰু ভাৰতীয় পৰিসাংখ্যিক প্ৰতিষ্ঠান আইন, ১৯৫৯ (৫৭ৰ পৰা ১৯৫৯) ব্যৱস্থা অনুসৰি ইয়াৰ কাৰ্যকলাপ নিশ্চিত কৰে। পৰিকল্পনা মন্ত্ৰালয়ে প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠানক ১৬টা সংখ্যাৰ ব্যৱসায় চিনাক্তকৰণ নম্বৰ আৱণ্টন কৰাৰ ওপৰত দৃষ্টি ৰাখিছে। ব্যৱসায়ৰ ওপৰত এক বিস্তৃত ডাটাবেচ সৃষ্টি আৰু ৰক্ষণাবেক্ষণ কৰাত চৰকাৰক সহায় কৰাৰ উপৰিও, এই অনন্য সংখ্যাটোৱে বিভিন্ন চৰকাৰী সংস্থাৰ সৈতে ব্যৱসায়ৰ লেনদেন সৰল কৰি তুলিব, নকল প্ৰতিষ্ঠানৰ সম্ভাৱনা হ্ৰাস কৰিব, পৰিচয়ৰ সমস্যা সমাধান কৰিব আৰু ভৱিষ্যতে পঞ্জীয়ন বা অনুজ্ঞাপত্ৰ ৰখাৰ সময়ত সময় ৰাহি কৰিব। মন্ত্ৰীসকলৰ তালিকা তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ভাৰত চৰকাৰৰ
78518
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%BF%E0%A6%89%E0%A7%B0%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%82%E0%A6%95
নিউৰালিংক
নিউৰালিংক কৰ্পোৰেছন হৈছে এটা স্নায়ু'প্ৰযুক্তিবিদ্যা কোম্পানী, যিয়ে মগজুত সংৰোপন কৰিব পৰা মগজু-যন্ত্ৰ নিৰ্মাণ কৰি আছে৷ ইয়াৰ প্ৰতিষ্ঠাতা হৈছে ইলন মাস্ক্ আৰু অন্যান্যসকল৷ কোম্পানীৰ প্ৰধান কাৰ্যালয়টো আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াস্থিত পায়'নিয়েৰ বিল্ডিঙত৷ ২০১৬ চনত নিউৰালিংকে পোনপ্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰে আৰু ২০১৭ চনৰ মাৰ্চত ৰাজহুৱাভাৱে নিজৰ পৰিচয় দাঙি ধৰে৷ প্ৰতিষ্ঠাকালৰে পৰা এই কোম্পানীটোৱে বহুকেইখন বিশ্ববিদ্যালয়ৰ খ্যাতনামা আৰু উচ্চমানসম্পন্ন স্নায়ুবিজ্ঞানীক নিযুক্ত কৰিছে ৷ ২০১৯ চনৰ জুলাই পৰ্যন্ত, এই কোম্পানীয়ে ১৫৮ মিলিয়ন ডলাৰৰ পুঁজি (ইয়াৰে ১০০ মিলিয়ন ডলাৰ মাস্কৰ) লাভ কৰিছে আৰু প্ৰায় নবৈগৰাকী কৰ্মকৰ্তাক নিয়োগ কৰিছে৷ সেইখিনি সময়ত নিউৰালিংকে ঘোষণা কৰিছিল যে, ৪-৬ মাইক্ৰ'মিটাৰ প্ৰস্থৰ তেনেই পাতল সূতাৰ দৰে আহিলা মগজুত সংৰোপন কৰিব পৰা এবিধ "চিলাই যন্ত্ৰ-সদৃশ"এটা সঁজুলি নিৰ্মাণত তেওঁলোক ব্যস্ত হৈ আছে৷ তেওঁলোকে ১,৫০০ ডাল ইলেকট্ৰডৰ দ্বাৰা গৱেষণাগাৰৰ নিগনিৰ তথ্য পঢ়িব পৰা এটা বিশেষ প্ৰণালী প্ৰদৰ্শন কৰে৷ ২০২০ চনত তেওঁলোকে মানুহৰ ওপৰতো পৰীক্ষা সম্পন্ন কৰাৰ আশা কৰিছিল যদিও সেই সম্ভাৱনাক ২০২১ চনলৈ পিছুৱাই দিয়া হয়৷ ২০২২ চনৰ জানুৱাৰী মাহত নিউৰালিংকে এজন পৰীক্ষণ সঞ্চালক নিয়োগ কৰিছে ৷ তেওঁলোকে অচিৰেই মানুহৰ ওপৰত এই প্ৰযুক্তিৰ সম্পৰীক্ষা চলাব৷ এমআইটি টেকন'ল'জি ৰিভিউকে ধৰি বহুকেইগৰাকী স্নায়ুবিজ্ঞানী আৰু প্ৰকাশনে এই প্ৰযুক্তিৰ লগত জড়িত হৈ থকা ইলন মাস্কৰ দাবীসমূহক সমালোচনা কৰিছে৷ অৱলোকন স্নায়ুবিজ্ঞান, জৈৱৰসায়ন আৰু ৰ'ব'টিকছত দক্ষতা থকা ইলন মাস্ক, মেক্স হোডাক, বেন ৰেপ'প'ৰ্ট, ডংজিন ছিঅ', প'ল মেৰোল্লা, ফিলিপ ছাবেছ, টিম গাৰ্ডেনাৰ, টিম হেনছন আৰু ভেনেছা ট'ল'ছাৰ দৰে এদল বিশেষজ্ঞৰ দ্বাৰা ২০১৬ চনত নিউৰালিংক প্ৰতিষ্ঠিত হয়৷ নিউৰালিংকৰ ট্ৰেডমাৰ্কটো ইয়াৰ পূৰ্বৰ স্বত্বাধিকাৰীসকলৰ পৰা ২০১৭ চনৰ জানুৱাৰীত ক্ৰয় কৰা হৈছিল৷ ২০১৭ চনৰ এপ্ৰিলত নিউৰালিংকে ঘোষণা কৰিলে যে, তেওঁলোকে হ্ৰস্বম্যাদী সময়ত আঘাতপ্ৰাপ্ত মানৱ-মগজুৰ নিৰ্মূল কৰাৰ উদ্দেশ্যে কাম কৰি আছিল আৰু পৰৱৰ্তী সময়ত মানুহ সংবৰ্ধনকৰণ আছিল তেওঁলোকৰ অন্তিম লক্ষ্য৷ ইয়াক কেতিয়াবা কোৱা হয় লেইন এম. বেংকছ লিখিত দ্য কালছাৰ শীৰ্ষক দহটা খণ্ডৰ এখন উপন্যাসত অন্তৰ্ভুক্ত কাল্পনিক ব্ৰহ্মাণ্ডখনত থকা নিউৰেল লেচ নামৰ কল্প-বিজ্ঞানধৰ্মী ধাৰণাটোৱে মাস্কৰ মনত এই দিশটোৰ প্ৰতি আংশিকভাৱে আগ্ৰহ জন্মালে বুলি জানিবলৈ দিছিল৷ মাস্কে নিউৰেল লেচক "কৰ্টেক্সৰ ওপৰৰ ডিজিটেল স্তৰ" হিচাপে সংজ্ঞায়িত কৰিছিল যি বিস্তৃত ট্ৰেপেনেচন বা অস্ত্ৰোপচাৰ অন্তৰ্ভুক্তিক বুজাব নোৱাৰে কিন্তু যথাৰ্থভাৱে শিৰা বা ধমনীৰ মাজত এটা সংৰোপনক বুজাব। মাস্কে ব্যাখ্যা কৰিলে যে ইয়াৰ দীৰ্ঘম্যাদী লক্ষ্য হৈছে "কৃত্ৰিম বুদ্ধিমত্তাৰ লগত একত্ৰিত হোৱা,ইয়াক মাস্কে মানৱ জাতিৰ বাবে অস্তিত্বজনিত শংকা হিচাপে নিৰীক্ষণ কৰিছে, যদিহে ই আমাৰ অগোচৰে থাকি যায়৷ 7 2017. ২০২০ চন পৰ্যন্ত নিউৰালিংকৰ মুখ্য কাৰ্যালয় অৱস্থিত হৈ আছে ছান ফ্ৰান্সিকোৰ মিছন ডিস্ট্ৰিক্টত থকা পায়'নিয়ৰ বিল্ডিঙত, অপেন এইআৰ সৈতে৷ এইটো কোম্পানীও মাস্কেই প্ৰতিষ্ঠা কৰিছিল ৷ জাৰেড বিৰখল হৈছে মাস্কৰ পাৰিবাৰিক কাৰ্যালয়ৰ মুৰব্বী৷ তেওঁক ২০১৮ চনত কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, মুখ্য কাৰিকৰী বিষয়া আৰু নিউৰালিংকৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল৷ ২০১৮ চনৰ ছেপ্টেম্বৰ পৰ্যন্ত, মাস্ক নিউৰালিংকৰ গৰিষ্ঠ স্বত্বাধিকাৰী হৈ পৰে যদিও কোনোধৰণৰ কাৰ্যবাহী পদ অধিকাৰ নকৰে৷ ২০২০ চনৰ আগষ্ট পৰ্যন্ত, প্ৰতিষ্ঠাপক আঠগৰাকী ব্যক্তিৰ মাত্ৰ তিনিগৰাকীহে কোম্পানীত থাকে ৷ এই কথা সদৰী কৰিছিল 'ষ্টেট নিউজ' নামৰ ৱেবছাইটৰ এটা প্ৰতিবেদনে, য'ত কোৱা হৈছিল যে-নিউৰালিংকত কেতবোৰ অভ্যন্তৰীন সংঘাতৰ সূচনা হৈছে য'ত "খৰতকীয়া সময়সীমাৰ লগত বিজ্ঞানৰ মন্থৰ আৰু ক্ৰমবৰ্ধমান গতিৰ সংঘৰ্ষ হৈছে৷ ২০২১ চনৰ এপ্ৰিলত নিউৰালিংকে নিউৰালিংক সংৰোপনৰ সহায়ত পং'' নামৰ কম্পিউটাৰ খেল খেলা এটা বান্দৰ প্ৰদৰ্শন কৰে৷ ২০০২ চনৰ পৰাই এই প্ৰযুক্তি আছিল যদিও বিজ্ঞানীসকলে সংৰোপনটোক তাঁৰবিহীন কৰাৰ বাবে আৰু সংৰোপিত ইলেকট্ৰডৰ সংখ্যা বঢ়োৱাৰ বাবে তাক স্বীকৃতি দিয়ে৷ ২০২১ চনৰ মে' মাহত সহ-প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ মেক্স হোডাকে ঘোষণা কৰিলে যে-তেওঁ এই কোম্পানীৰ লগত এতিয়া আৰু কাম নকৰে৷
72527
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%82%E0%A6%97%E0%A6%B2%20%E0%A6%97%E0%A7%87%E0%A6%9C%E0%A7%87%E0%A6%9F
বেংগল গেজেট
হিকিজ বেংগল গেজেট বা অৰিজিনেল কলিকতা জেনেৰেল এডভাৰ্টাইজাৰ ব্ৰিটিছ ভাৰতৰ ৰাজধানী কলকাতা (তেতিয়াৰ কলিকতা) পৰা প্ৰকাশিত এখন ইংৰাজী ভাষাৰ সাপ্তাহিক বাতৰি কাকত। বেংগল গেজেট নামে খ্যাত এই কাকতখন এছিয়াত মুদ্ৰিত প্ৰথম বাতৰি কাকত। কাকতখন ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বাতৰি কাকতৰ প্ৰকাৰ আৰু প্ৰিণ্টিং প্ৰেছ জব্দ কৰাৰ আগতে ১৭৮০ আৰু ১৭৮২ চনৰ ভিতৰত দুবছৰৰ বাবে প্ৰকাশিত হৈছিল। জেমছ আগষ্টাছ হিকি নামৰ এজন আইৰিছমেনে ইয়াক প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ আগতে তেওঁ ঋণৰ বাবে দুবছৰ কাৰাগাৰত কটাইছিল। বাতৰি কাকতখন গভৰ্ণৰ জেনেৰেল ৱাৰেন হেষ্টিংছৰ প্ৰশাসনৰ শক্তিশালী সমালোচক আছিল। বাতৰি কাকতখন ইয়াৰ প্ৰৰোচনামমূলক সাংবাদিকতা আৰু ভাৰতত মুক্ত অভিব্যক্তিৰ যুঁজৰ বাবে গুৰুত্বপূৰ্ণ আছিল। ১২ ইঞ্চি দীঘল আৰু ৮ ইঞ্চি বহল দুপৃষ্ঠাৰ কাকতখনৰ গৰাকী, সম্পাদক আৰু প্ৰকাশক জেমছ আগষ্টাছ হিকি আছিল। ১৭৮২ চনৰ ২৩ মাৰ্চ তাৰিখে ইয়াৰ প্ৰকাশ বন্ধ কৰি দিয়া হয়। প্ৰতিষ্ঠাতা জেমছ আগষ্টাছে হিকি নামৰ এখন অতি অদ্ভুত প্ৰকৃতিৰ আইৰিছ ব্যক্তিয়ে কাকতখনৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁ আগতে ঋণ পৰিশোধ নকৰাৰ বাবে দুবছৰ কাৰাগাৰত কটাইছিল। পিছত গভৰ্ণৰ জেনেৰেল লৰ্ড ৱাৰেন হেষ্টিংছৰ ৰোষত পৰি পুনৰাই কাৰাগাৰলৈ গৈছিল। তেওঁ প্ৰায়ে লৰ্ড হেষ্টিংছৰ পত্নী লেডী হেষ্টিংছক ব্যংগ কৰিছিল আৰু সেইবিষয়ে প্ৰবন্ধ প্ৰকাশ কৰিছিল। তেওঁ কাৰাগাৰত থাকোঁতে তেওঁ লিখা অব্যাহত ৰাখিছিল আৰু পৰৱৰ্তী সময়ত লৰ্ড হেষ্টিংছৰ নিৰ্দেশত তেওঁৰ লিখন যন্ত্ৰটো জব্দ কৰা হৈছিল। হিকিৰ এই বাতৰি কাকতখন ভাৰতীয় উপমহাদেশৰ প্ৰথম ইংৰাজী আলোচনী আৰু লগতে উপমহাদেশত মুদ্ৰণ কৰা প্ৰথমখন কাকত। ই কেৱল সেই সময়ত ভাৰতত সেৱা আগবঢ়োৱা ব্ৰিটিছ সৈনিকসকলৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰাই নহয় বৰঞ্চ ভাৰতীয়সকলক তেওঁলোকৰ নিজা বাতৰি কাকত প্ৰকাশ কৰিবলৈ উৎসাহিত কৰিছিল। ইতিহাস হিকিয়ে ১৭৮০ চনৰ ২৯ জানুৱাৰীত বেংগল গেজেটৰ প্ৰকাশন আৰম্ভ কৰিছিল। প্ৰথমে তেওঁ বাতৰি কাকত ছপা আৰম্ভ কৰিব বুলি ঘোষণা কৰি এখন অনুষ্ঠান পত্ৰ মুদ্ৰণ কৰিছিল। ভাৰতত বাতৰি কাকত ছপা কৰাৰ ধাৰণাটো বাৰ বছৰ আগতে ডাচ অভিযানকাৰী উইলিয়াম বোল্টছৰ আছিল যদিও হিকিয়ে প্ৰথমে এই ধাৰণাটো কাৰ্যকৰী কৰিছিল। বাতৰি কাকতখন শনিবাৰে সপ্তাহত এবাৰ মুদ্ৰণ কৰা হৈছিল। এটকা মূল্যৰ কাকত খনৰ প্ৰচলন প্ৰতি সপ্তাহত প্ৰায় চাৰিশ প্ৰতিলিপি বা ততোধিক বুলি অনুমান কৰা হয়। হিকিয়ে প্ৰথমে এক নিৰপেক্ষ সম্পাদনা নীতি বজাই ৰাখিছিল (তেওঁৰ শ্লোগান আছিল "সকলো পক্ষৰ বাবে মুকলি, কিন্তু কাৰোৰে দ্বাৰা প্ৰভাৱিত নহয়")। কিন্তু ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে সম্পৰ্ক থকা তেওঁৰ প্ৰতিদ্বন্দ্বী সকলে ইণ্ডিয়া গেজেট নামৰ এখন বাতৰি কাকত মুকলি কৰিব বিচৰা গম পাই তেওঁ তেওঁৰ সম্পাদকীয় স্থিতি সলনি কৰে। হিকিয়ে ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন কৰ্মচাৰী চিমিওন ড্ৰোজৰ বিৰুদ্ধে হিকীয়ে ৱাৰেন হেষ্টিংছৰ পত্নী ড্ৰোজ আৰু মাৰিয়ান হেষ্টিংছক উৎকোচ দিবলৈ অস্বীকাৰ কৰাৰ শাস্তি হিচাপে ইণ্ডিয়া গেজেটক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰিছিল। হিকিৰ অভিযোগৰ প্ৰতিশোধ স্বৰূপে হেষ্টিংছৰ উচ্চতম পৰিষদে হিকিক ডাকঘৰৰ জৰিয়তে তেওঁৰ বাতৰি কাকত পঠিয়াবলৈ নিষেধ কৰে। ১৭৮০ চনৰ ১৮ নৱেম্বৰত প্ৰথম ইণ্ডিয়া গেজেট প্ৰকাশ হোৱাৰ দিনাই হিকিয়ে 'হিকিজ বেংগল গেজেট'ৰ পৰা তেওঁৰ বাতৰি কাকতৰ নাম সংশোধন কৰে। আগতে হিকিজ বেংগল গেজেট কলিকতা জেনেৰেল এডভাৰ্টাইজাৰৰ পৰা অৰিজিনেল কলিকতা জেনেৰেল এডভাৰ্টাইজাৰলৈ সলনি কৰি তেওঁ গুৰুত্ব দিব বিচাৰিছিল যে তেওঁৰ বাতৰি কাকত প্ৰথমে প্ৰতিষ্ঠা কৰা হৈছিল। হিকিয়ে দাবী কৰিছিল যে হেষ্টিংছৰ আদেশই তেওঁৰ মুক্ত মত প্ৰকাশৰ অধিকাৰ উলংঘা কৰিছে আৰু হেষ্টিংছৰ বিৰুদ্ধে দুৰ্নীতি, অত্যাচাৰ আৰু আনকি ইৰেক্টাইল ডিচফাংচনৰ অভিযোগ উত্থাপন কৰিছিল। হিকিয়ে কলিকতাৰ আন ব্ৰিটিছ নেতাসকলৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য ব্যক্তিসমূহ হৈছে ফৰ্ট উইলিয়ামৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এলিয়া ইম্পেয়ে উৎকোচ লোৱা আৰু প্ৰটেষ্টাণ্ট মিছনৰ নেতা জোহান জাকাৰিয়াছ কিৰনাণ্ডাৰৰ বিৰুদ্ধে এটা অনাথ শিশু পুঁজিৰ পৰা চুৰি কৰাৰ অভিযোগ। হিকিৰ সম্পাদকীয়ৰ স্বাধীনতা অলপ সময়ৰ বাবে আছিল কিয়নো হেষ্টিংছ আৰু কিৰনাণ্ডাৰে তেওঁৰ বিৰুদ্ধে অপমানৰ বাবে গোচৰ ৰুজু কৰিছিল। ১৭৮১ চনৰ জুন মাহত চাৰিটা নাটকীয় বিচাৰৰ পিছত উচ্চতম ন্যায়ালয়ে হিকিক দোষী সাব্যস্ত কৰে আৰু কাৰাগাৰৰ শাস্তি প্ৰদান কৰে। হিকিয়ে তেওঁৰ বাতৰি কাকতখন কাৰাগাৰৰ পৰা ছপা কৰি ৰাখিছিল। ইয়াৰ লগতে হেষ্টিংছ আৰু আনসকলৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা অব্যাহত ৰাখিছিল। অৱশেষত হেষ্টিংছে তেওঁৰ বিৰুদ্ধে নতুন মোকৰ্দমা আৰম্ভ কৰি তেওঁক দমন কৰিছিল। হিকিৰ বেংগল গেজেট ১৭৮২ চনৰ ৩০ মাৰ্চত প্ৰকাশ বন্ধ কৰে। উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশৰ দ্বাৰা ইয়াৰ টাইপ জব্দ কৰা হয়। পৰৱৰ্তী সপ্তাহত ইয়াৰ টাইপ আৰু প্ৰিণ্টিং প্ৰেছ ৰাজহুৱাভাৱে নিলাম কৰা হৈছিল আৰু ইণ্ডিয়া গেজেটত বিক্ৰী কৰা হৈছিল। সম্পাদকীয় নীতি হিকিৰ বেংগল গেজেট ইয়াৰ ব্যঙ্গাত্মক আৰু উত্তেজক লিখন শৈলীৰ বাবে জনাজাত আছিল। ইয়াৰ সময়ৰ বহুতো বাতৰি কাকতৰ বিপৰীতে এইখনে মহিলাৰ হস্তমৈথুন, আৰু প্ৰাক-শ্ৰেণীৰ চেতনাৰ দৰে নিষিদ্ধ বিষয়বোৰ আলোচনা কৰিছিল, দৰিদ্ৰসকলৰ অধিকাৰ আৰু প্ৰতিনিধিত্বৰ সৈতে কৰ আৰোপ কৰাৰ অধিকাৰৰ বাবে যুক্তি দিছিল। ই শক্তিশালীভাৱে যুদ্ধ বিৰোধী আৰু ঔপনিৱেশিক বিৰোধী আছিল আৰু তেওঁলোকৰ সম্প্ৰসাৰণবাদী আৰু সাম্ৰাজ্যবাদী উদ্দেশ্যৰ বাবে নিয়মীয়াকৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ নেতৃত্বক উপহাস কৰিছিল। উত্তৰাধিকাৰ হিকিৰ বেংগল গেজেট আছিল প্ৰথম ইংৰাজী ভাষাৰ বাতৰি কাকত আৰু ভাৰতীয় উপ-মহাদেশ আৰু এছিয়াৰ পৰা প্ৰকাশিত প্ৰথম মুদ্ৰিত বাতৰি কাকত। বাতৰি কাকতখন কেৱল সেই সময়ত ভাৰতত নিযুক্ত ব্ৰিটিছ সৈনিকসকলৰ মাজতেই বিখ্যাত হোৱা নাছিল। ইয়াৰ লগতে ই ভাৰতীয়সকলক তেওঁলোকৰ নিজৰ বাতৰি কাকত প্ৰকাশ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। বৰ্তমান উপলব্ধ আৰু সংৰক্ষিত সংগ্ৰহ ছয়টা আৰ্কাইভত হিকিৰ বেংগল গেজেটৰ সংগ্ৰহ (সকলো অসম্পূৰ্ণ) আছে বুলি জনা যায়: মেলবৰ্ণ বিশ্ববিদ্যালয় হাইডেলবাৰ্গ বিশ্ববিদ্যালয়, জৰ্জ লিভিয়াছৰ পৰা (অনলাইনত বিনামূলীয়াকৈ উপলব্ধ) ভাৰতীয় ৰাষ্ট্ৰীয় পুথিভঁৰাল কলিকতা উচ্চ ন্যায়ালয় (কেৱল ১৭৮১ চনৰ ২৫ জুন তাৰিখৰ এক বিশেষ অংক) ব্ৰিটিছ লাইব্ৰেৰী, দুটা সংগ্ৰহ, এটা মূলতঃ জৰ্জ লিভিয়াছৰ পৰা লাভ কৰা ব্ৰিটিছ সংগ্ৰহালয়ত থকা, আনটো অসম্পূৰ্ণ সংগ্ৰহ, মূলতঃ ব্যক্তিগত নিলামৰ পৰা আৰু ইণ্ডিয়া অফিচ লাইব্ৰেৰীৰ পৰা সংগৃহীত। কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলেৰ বেনক্ৰফ্ট লাইব্ৰেৰী। ১৯০৭ চনৰ কিছু সময় আগতে এইচ. মৰ্চ ষ্টিফেনছৰ দ্বাৰা সংগ্ৰহ কৰা। এই সংগ্ৰহটো এসময়ত হিকিৰ এজন সহায়ক পল ফেৰিছৰ মালিকানাধীন আছিল। চিত্ৰমালা তথ্য উৎস গ্ৰন্থৰাজি বাহ্যিক সংযোগ হাইডেলবাৰ্গ বিশ্ববিদ্যালয়ত সংৰক্ষিত অংশ মেলবৰ্ণ বিশ্ববিদ্যালয়ত সংৰক্ষিত অংশ ব্ৰিটিছ লাইব্ৰেৰীত উপলব্ধ অংশ ভাৰতৰ ৰাষ্ট্ৰীয় পুথিভঁৰালত সংৰক্ষিত অংশ বাতৰি
7843
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%BE%E0%A6%9C%E0%A6%BF%E0%A7%B0%E0%A6%99%E0%A6%BE%20%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%20%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এক খড়্গযুুুুক্ত গঁড়ৰ বাসস্থান কাজিৰঙা বিশ্ব ঐতিহ্যক্ষেত্ৰসমূহৰ এখন। কাজিৰঙাতেই সংৰক্ষিত বনাঞ্চল সমূহৰ ভিতৰত সৰ্বাধিক ঘনত্বৰে ঢেঁকীয়াপতীয়া বাঘৰ বসতি আছে। ২০০৬ চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়। এই উদ্যান হাতী বনৰীয়া ম’হ আৰু দল-হৰিণা ()-ৰ এক বৃহৎ প্ৰজনন ক্ষেত্ৰ। 'আন্তৰাষ্ট্ৰীয় পক্ষীজীৱন' সংস্থাই কাজিৰঙাক পক্ষীকূলৰ সংৰক্ষণৰ বাবে 'গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ' বুলি স্বীকৃতি দিছে। ভাৰতৰ অইন উদ্যানসমূহৰ তুলনাত কাজিৰঙাত বন্যজীৱন সংৰক্ষণত উল্লেখযোগ্য সফলতা লাভ কৰা গৈছে। পূব হিমালয় 'জৈৱ বৈচিত্ৰ্যৰ উল্লেখ্য স্থান'ত অৱস্থিত এই উদ্যানত উচ্চ হাৰত প্ৰজাতিৰ বিবিধতা আৰু দৰ্শন পোৱা যায়। কাজিৰঙা ওখ ঘাঁহ আৰু ঘন 'গ্ৰীষ্মপ্ৰধান সেমেকা পৰ্ণপাতী অৰণ্য' ইয়াৰে মাজেৰে ব্ৰহ্মপুত্ৰকে ধৰি চাৰিখন গুৰুত্বপূৰ্ণ নৈ বৈ গৈছে। অৰণ্যৰ মাজত আন কেবাটাও বিল আছে। কাজিৰঙাক লৈ কেইবাখনো কিতাপ, গান ৰচনা কৰা হোৱাৰ উপৰিও কেবাখনো তথ্য-চিত্ৰ নিৰ্মাণ কৰা হৈছে। ২০০৫ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে সংৰক্ষিত বনাঞ্চল হিচাপে এশ বছৰ অতিক্ৰম কৰে। ১৯০৫ চনত কাজিৰঙাক 'সংৰক্ষিত বনাঞ্চল' হিচাপে স্বীকৃতি দিয়া হৈছিল। ইতিহাস ১৯০৪ চনত কাজিৰঙা অঞ্চলত গঁড় চাবলৈ আহিছিল তদানীন্তন ভাৰতবৰ্ষৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জন। এই যাত্ৰাত তেখেতে অকল গঁড়ৰ খুৰাৰ ছাপ দেখা পায়, এটাও গঁড় দেখিবলৈ নাপালে। তেখেতৰ লগত যোৱা 'পশু সন্ধানক' 'বলোৰাম হাজৰিকা'ই (নিগনা চিকাৰী) গঁড় সংৰক্ষণৰ আৱশ্যকতা সম্পৰ্কে মেৰী কাৰ্জনৰ আগত দাঙি ধৰে। ইয়াৰ পাছতেই তেখেতে স্বামী ল'ৰ্ড কাৰ্জনক গঁড়ৰ সংৰক্ষণৰ বাবে ব্যৱস্থা কৰিবলৈ পতিয়ন নিয়ায়। লৰ্ড কাৰ্জনেই গঁড়ৰ সংৰক্ষণৰ বাবে আঁচনি প্ৰস্তুত কৰা কামৰ আৰম্ভণি কৰে। ১৯০৫ চনৰ ১ জুনত 'কাজিৰঙা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল'ৰ পট্টন কৰা হয়। সেই সময়ত ইয়াৰ মাটি-কালি আছিল ২৩২ বৰ্গ কি.মি.। পাছৰ তিনিটা বছৰত উদ্যানৰ পৰিসৰ আৰু ১৫২ বৰ্গ কি.মি. বঢ়াই ব্ৰহ্মপুত্ৰৰ পাৰলৈকে বিস্তাৰ কৰা হয়। ১৯০৮ চনত কাজিৰঙাক 'সংৰক্ষিত বনাঞ্চল' ঘোষণা কৰা হয়। ১৯১৬ চনত ইয়াক 'অভয়াৰণ্য' ঘোষণা কৰা হয়। "কাজিৰঙা চিকাৰ অভয়াৰণ্য" নামটো ১৯৩৮ চনলৈ বাহাল থাকে। এই সময়চোৱাত কাজিৰঙাৰ ভিতৰত চিকাৰ কৰাৰ ওপৰত বাধা-নিষেধ আছিল আৰু ভ্ৰমণকাৰীক দৰ্শনৰ অৰ্থে অৰণ্যৰ ভিতৰলৈ যোৱাৰ অনুমতি দিয়া হৈছিল। ১৯৫০ চনত অৰণ্য সংৰক্ষক পি.ডি. ষ্ট্ৰেচীৰ উদ্যোগত 'কাজিৰঙা অভয়াৰণ্য' নাম সলনি কৰি 'কাজিৰঙা বন্যপ্ৰাণ অভয়াৰণ্য' কৰা হয়। মূলত: আগৰ নামটোত সংপৃক্ত 'চিকাৰ' শব্দটোৱে ভুল তাৎপৰ্য বহন কৰে বুলি নামটো সলনি কৰা হৈছিল। ১৯৫৪ চনত অসম চৰকাৰে 'অসম (গঁড়) আইন' প্ৰণয়ন কৰে আৰু এই আইনৰ জৰিয়তে চোৰাংকৈ গঁড় হত্যাৰ বিৰূদ্ধে শাস্তিৰ কঠোৰ কৰা হয়। ১৯৬৮ চনত চৰকাৰে প্ৰণয়ন কৰে 'অসম ৰাষ্ট্ৰীয় উদ্যান আইন, ১৯৬৮ চন' আৰু এই আইনৰ জৰিয়তে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰ ময্যদা দিয়া হয়। ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰীয় চৰকাৰে ৪৩০ বৰ্গ কি.মি. মাটি-কালিৰে আগুৰা কাজিৰঙাক আনুষ্ঠানিক ভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়ে। ১৯৮৫ চনত কাজিৰঙাক ইউনেস্কোৰ 'বিশ্ব ঐতিহ্যক্ষেত্ৰ' হিচাপে অন্তৰ্ভুক্ত কৰা হয়। কাজিৰঙাই বিগত কেইটামান দশকত বহুতো প্ৰাকৃতিক আৰু মানৱ-সৃষ্ট দুৰ্যোগৰ মাজেৰে পাৰ হ'বলগীয়া হৈছে। ব্ৰহ্মপুত্ৰৰ বানপানী যথেষ্ট সংখ্যক পশুৰ মৃত্যুৰ কাৰণ হৈ পৰে। কাজিৰঙাৰ আশ-পাশে চলি থকা বেদখলে উদ্যানখনৰ সীমা চেপি আনি পশুৰ বাবে স্থান সীমিত কৰিছে। আলফা আৰু অন্যান্য উগ্ৰপন্থী গোটৰ চলিত কাৰ্যকলাপে অঞ্চলটোৰ অৰ্থনৈতিক ক্ষেত্ৰত হানিৰ সৃষ্টি কৰিছে। অৱশ্যে আলফাৰ দ্বাৰা প্ৰত্যক্ষ ভাৱে কাজিৰঙাৰ কোনো হানি হোৱা নাই–বৰং–কিছুমান ক্ষেত্ৰত আলফা সদস্যই উদ্যানৰ পশু হত্যা বন্ধ কৰিবলৈ চেষ্টা কৰা দেখা যায়। ১৯৮০ চনৰপৰাই আলফা সদস্যৰ দ্বাৰা চোৰাং চিকাৰী নিধনৰ কথা জানিব পৰা গৈছে। ২০০৫ চনত উলহ-মালহেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশ বছৰীয়া জয়ন্তী যাপন কৰা হয়। এই উপলক্ষত মেৰী কাৰ্জন আৰু লৰ্ড কাৰ্জনৰ বৰ্তমান বংশধৰক বিশেষ সন্মান প্ৰদৰ্শন কৰা হয়। একে উৎসৱত 'নিগনা চিকাৰী'ৰ নাতি হাতীৰ মাউত 'বাপিৰাম হাজৰিকা'কো সন্মান জনোৱা হয়। ২০০৭ চনৰ প্ৰথম ভাগত কেইটামান হাতী আৰু দুটা গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পঠিওৱা হয়। এয়া ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত হাতী পুনৰ্বাসৰ প্ৰথম প্ৰচেষ্টা। নামৰ উৎপত্তি কাজিৰঙা নামৰ উৎপত্তি সম্পৰ্কে নিশ্চিত তথ্য পোৱা হোৱা নাই, অৱশ্যে বিভিন্ন জনশ্ৰুতি বিৰাজমান। এটা এনে প্ৰবাদ অনুসৰি ৰঙা নামৰ ছোৱালী এজনীয়ে কাৰ্বি ডেকা কাজিক ভাল পাইছিল। কিন্তু সমাজৰ বাধাৰ বাবে দুয়ো এক হ'ব নোৱাৰিলে। এদিন দুয়ো পলাই গৈ কাষৰ হাবিত সোমাল আৰু কেতিয়াও উভতি নাহিল। সেই হাবিখনেই বৰ্তমানৰ কাজিৰঙা। আন এটা প্ৰবাদ মতে, শ্ৰীমন্ত শংকৰদেৱে কাজি আৰু ৰঙাই নামে এহাল অপুত্ৰক দম্পতীক সন্তান লাভৰ বাবে সেই ঠাইত এটা বৃহৎ পুখুৰী খন্দাবলৈ কৈছিল। তেওঁলোকৰ নামৰপৰাই ঠাইখনৰ নাম হ'ল কাজিৰঙা। কাজিৰঙা নামটোৰ প্ৰাচীনত্ব সম্পন্ধে যথেষ্ট সমল পোৱা যায়। সপ্তদশ শতিকাৰ আহোম স্বৰ্গদেউ প্ৰতাপ সিংহ সেই ফালেৰে যাওঁতে সেই ঠাইৰ মাছৰ সোৱাদত আকৃষ্ট হৈ ঠাইখিনিৰ নাম সোধাত 'কাজিৰঙা' বুলি উত্তৰ দিয়াৰ উল্লেখ পোৱা যায়। কাজিৰঙাৰ আন এটা উৎস হ'ব পাৰে কাৰ্বি ভাষাৰ শব্দ 'কাজি' (অৰ্থ: ছাগলী) আৰু 'ৰঙাই' (অৰ্থ: ৰঙা), অৰ্থাৎ 'ৰঙা ছাগলীৰ স্থান' কিছু সংখ্যক বুৰঞ্জীবিদৰ মতে কাজিৰঙা কাৰ্বি ভাষাৰ 'কাজিৰ-এ-ৰং' শব্দৰপৰা আহিছে। ইয়াৰ অৰ্থ হৈছে 'কাজীৰ গাঁও'। কাৰ্বিসকলৰ মাজত ছোৱালীৰ নাম হিচাপে 'কাজিৰ' বহুল প্ৰচলিত। বিশ্বাস কৰা হয় যে এটা সময়ত 'কাজিৰ' নামৰ এগৰাকী মহিলাই এই অঞ্চল শাসন কৰিছিল। এই অঞ্চলত সিঁচৰতি হৈ থকা কাৰ্বি ৰাজ্যৰ বিভিন্ন শিলাকৃতিয়ে এই মতবাদৰ সপক্ষে সাক্ষ্য আগবঢ়ায়। ভৌগোলিক বিৱৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি অক্ষাংশ ২৬°৩০' উ. আৰু ২৬°৪৫' উ.-ৰ মাজত আৰু দ্ৰাঘিমাংশ ৯৩°০৮' পূ. আৰু ৯৩°৩৬' পূ.উ.-ৰ মাজত। নগাঁও জিলাৰ কলিয়াবৰ মহকুমা আৰু গোলাঘাট জিলাৰ বোকাখাট মহকুমাত উদ্যানখন অৱস্থিত। উদ্যানৰ দৈৰ্ঘ্য প্ৰায় ৪০ কিমি (পূব-পশ্চিম) আৰু প্ৰস্থ প্ৰায় ১৩ কি.মি. (উত্তৰ-দক্ষিণ)। কাজিৰঙাৰ মুঠ মাটিকালি ৩৭৮ বৰ্গ কি.মি., ইয়াৰে প্ৰায় ৫১.১৪ বৰ্গ কি.মি. বিগত দশককেইটাত গৰাখহনীয়াৰ বুকুত জাহ গৈছে। উদ্যানৰ বৰ্তমান চাৰিসীমাৰ বাহিৰৰ ৪২৯ বৰ্গ কি.মি. কাজিৰঙাৰ লগত সাঙুৰি অইন এখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছে। এই সংযোজনে বন্যপ্ৰাণীৰ বাবে আৱাসিক পৰিসৰ বঢ়োৱা উপৰিও কাৰ্বি আংলং পাহাৰলৈ বন্য জন্তুৰ অহা-যোৱাৰ বাবে নিৰাপদ বাট উলিয়াই দিছে। সমুদ্ৰ পৃষ্ঠৰপৰা কাজিৰঙাৰ উচ্চতা ৪০ মিটাৰৰপৰা ৮০ মিটাৰলৈ বিস্তৃত। উদ্যানৰ পূব আৰু উত্তৰ সীমা ব্ৰহ্মপুত্ৰ নদীৰে আগুৰা। উদ্যানৰ দক্ষিণ সীমা মৰা ডিফলু নৈয়ে আগুৰি ৰাখিছে। কাজিৰঙাৰ মাজেৰে ডিফলু আৰু মৰা ধনশিৰী নৈ বৈ গৈছে। কাজিৰঙাত পলসুৱা ভূমিৰ বিস্তৰ ক্ষেত্ৰ বিৰাজমান। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই উটুৱাই নি জমা কৰা পলসুৱা মাটিৰে এনে ক্ষেত্ৰ গঠিত হয়। উদ্যানৰ বুকুত বালিচৰ আৰু বানপানীৰে সৃষ্ট বিলৰ পয়োভৰ দেখা যায়। এনে বিলসমূহে মুঠ মাটিকালিৰ প্ৰায় ৫% আৱৰি আছে, ওখ অংশক চাপৰি বোলা হয়। বানপানীৰ সময়ত চাপৰিতে বন্য-প্ৰাণী জমা হয়। বন্য প্ৰাণীৰ সহায়ক হ'বলৈ ভাৰতীয় সেনাৰ সহযোগত কেবাটাও কৃত্ৰিম চাপৰি সজোৱা হৈছে। হিমালয়ৰ পাদদেশত কাজিৰঙা এক বৃহৎ সংৰক্ষিত ভূমি। প্ৰজাতিৰ উল্লেখযোগ্য বিবিধতা আৰু দৰ্শনৰ বাবে এই ভূমিক 'জৈৱবৈচিত্ৰৰ উল্লেখনীয় ক্ষেত্ৰ' বোলা হৈছে। উদ্যানখন ইণ্ডো-মালয় পৰিবেশিক ক্ষেত্ৰৰ অন্তৰ্গত। উদ্যানত বিৰাজমান পৰিস্থিতি তন্ত্ৰসমূহ হৈছে: 'গ্ৰীষ্মমণ্ডলীয় আৰু অৰ্ধগ্ৰীষ্মমণ্ডলীয় আৰ্দ্ৰ বহলপত্ৰী বনাঞ্চল'ৰ অন্তৰ্গত 'ব্ৰহ্মপুত্ৰ উপত্যকাৰ অৰ্ধ-চিৰসেউজ বনাঞ্চল' আৰু 'গ্ৰীষ্মমণ্ডলীয় আৰু অৰ্ধগ্ৰীষ্মমণ্ডলীয় ঘাঁহনি, ছাভানা আৰু জোপোহা পৰিস্থিতি তন্ত্ৰ'ৰ অন্তৰ্গত 'টেৰাই-ডুয়াৰ ছাভানা আৰু ঘাঁহনি'ৰ সঘনাই বানপানী হৈ থকা প্ৰকাৰ। জলবায়ু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তিনিটা ঋতু অনুভূত হয়: গ্ৰীষ্ম, বৰ্ষা আৰু শীত। শীতকালটো শুকান আৰু নাতিশীত, নৱেম্বৰ মাহৰপৰা ফেব্ৰুৱাৰী মাহলৈ শীত অনুভূত হয়। এই সময়ত সৰ্ব্বোচ্চ উষ্ণতা গড়ে ২৫°ছে. আৰু সৰ্বনিম্ন গড় উষ্ণতা ৫°ছে.। বিল, নলা আদি শুকাই যায়। মাৰ্চ আৰু মে মাহত গ্ৰীষ্ম ঋতু বিৰাজ কৰে। এই সময়ত সৰ্ব্বোচ্চ গড় উষ্ণতা ৩৭°ছে হয়গৈ। গ্ৰীষ্মকালত পানীৰ উৎসৰ কাষতে জীৱ-জন্তুবোৰ বেছিকৈ দেখা যায়। জুন মাহৰপৰা ছেপ্তেম্বৰ মাহলৈ বৰষুণ আহে। কাজিৰঙাৰ বাৰ্ষিক বৰষুণৰ বুজন অংশ এই কালতে হয়। বছেৰেকীয় বৰষুণৰ পৰিমাণ ২২২০ মি.মি.। বৰ্ষা ঋতুৰ প্ৰকোপ সৰ্ব্বোচ্চ হোৱাৰ সময়ত (জুলাই, আগষ্ট মাহ) উদ্যানখনৰ পশ্চিমৰ প্ৰায় তিনি চতুৰ্থাংশ পানীৰে ভৰি থাকে। ব্ৰহ্মপুত্ৰৰ উত্থিত জলপৃষ্ঠৰ লগত উদ্যানৰ পানী একাকাৰ হৈ পৰে। এই সময়ত বেছি বন্য জীৱই উদ্যানৰ দক্ষিণৰ 'মিকিৰ পাহাৰ'ত আশ্ৰয় লয়। বানপানীৰ দৰেই কেতিয়াবা, অতিমাত্ৰা খৰাং অৱস্থায়েও বন্যপ্ৰাণীৰ বাবে খাদ্যৰ সমস্যা সৃষ্টি কৰে। প্ৰাণীকুল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৩৫-বিধ স্তন্যপায়ী প্ৰজাতিৰ বসবাস আৰু প্ৰজনন স্থলী ইয়াৰে ১৫টা প্ৰজাতি 'প্ৰকৃতি সংৰক্ষণৰ আন্তৰ্জাতিক সংঘ'ৰ তালিকাত 'বিপদশংকুল' বুলি ঘোষিত। এই উদ্যান নিম্নোক্ত প্ৰজাতিকেইটাৰ পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ বাসভূমি: এশিঙীয়া গঁড় )(সংখ্যা: ১,৮৫৫), বনৰীয়া ম’হ (সংখ্যা: ১,৬৬৬) আৰু দল-হৰিণা (সংখ্যা: ৪৬৮)। বৃহৎ সংখ্যক ডাঙৰ জন্তুৰ ভিতৰত হাতী (সংখ্যা: ১,৯৪০), মেঠোন )(সংখ্যা: ৩০) আৰু শঁৰ পহু (সংখ্যা: 58)। সৰু জাতৰ তৃণভোজী প্ৰাণীৰ ভিতৰত সুগৰী পহু বনৰীয়া গাহৰি আৰু খটীয়া পহু আদি যথেষ্ট পৰিমাণে পোৱা যায়। সমগ্ৰ পৃথিৱীৰ প্ৰায় ৫৭% বনৰীয়া ম’হ কাজিৰঙাতে পোৱা যায়। মেকুৰীজাতীয় বৃহদাকাৰ প্ৰাণী, যেনে ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘৰ বাবে আফ্ৰিকাৰ বাহিৰত থকা অল্পসংখ্যক প্ৰজননস্থলীৰ ভিতৰত কাজিৰঙা অন্যতম। ২০০৬ চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে ঘোযণা কৰা হয়। ২০০০ চনৰ গণনা অনুসৰি কাজিৰঙাত ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা ৮৬, প্ৰতি বৰ্গ কি.মি.ত ৫-টাকৈ বাঘৰ সংখ্যা হিচাপে ই পৃথিৱীৰ ভিতৰতে সৰ্বাধিক ঘনত্বৰ বাঘ বহুল ক্ষেত্ৰ। মেকুৰীজাতীয় অন্যান্য প্ৰাণীৰ ভিতৰত হেপা ),মেচেকা আৰু লতামাকৰি বাঘ প্ৰধান। সৰু স্তন্যপায়ী প্ৰাণী যেনে বিৰল প্ৰজাতিৰ খাগৰি-কটা পহু বৰ নেউল সৰু নেউল হাগা গেন্দেৰা মুচি গেন্দেৰা জহামাল শিয়াল সোণালী শিয়াল ভালুক বন-ৰৌ আৰু মাটি গাহৰি আৰু বাংকেক (উৰণীয়া কেৰ্কেটুৱা উল্লেখযোগ্য। ভাৰতত পোৱা ১৪ বিধ বান্দৰজাতীয় প্ৰজাতিৰ ৯ বিধ কাজিৰঙাত পোৱা যায়। ইয়াৰ ভিতৰত অন্যতম হৈছে অসমীয়া বান্দৰ টুপীমূৰীয়া বান্দৰ সোণালী বান্দৰ লগতে ভাৰতত পোৱা একমাত্ৰ বন-মানুহ হলৌ বান্দৰ কাজিৰঙাৰ বুকুৰে বৈ যোৱা নৈ-সমূহত লুপ্ত-প্ৰায় শিহু দেখা যায়। কাজিৰঙাক -ৰ দ্বাৰা 'গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ' হিচাপে চিহ্নিত কৰা হৈছে। এই উদ্যান কেবাবিধৰ পৰিভ্ৰমী, জলচৰ, চিকাৰী, শৱখাদক আৰু চিকাৰৰ চৰাইৰে বাসস্থান। আৰু হাড়গিলা বৰটোকোলা আৰু শামুকভঙা আদি চৰায়ে মধ্য এছিয়াৰ পৰা শীতকালত কাজিৰঙালৈ প্ৰব্ৰজন কৰে। জলচৰ চৰাইৰ ভিতৰত মুখ্য হৈছে: আৰু চিকাৰী চৰাইৰ ভিতৰত ঈগল আৰু প্ৰধান। আগতে কাজিৰঙাত সাতোটা ভিন্ন প্ৰজাতিৰ শগুন দেখা গৈছিল। কিন্তু বৰ্তমান শগুনৰ বিলুপ্তপ্ৰায় অৱস্থা হৈছে। ইয়াৰ মূল কাৰণ হিচাপে ডাইক্লোফেনাক নামৰ ঔষধ থকা শৱ আহাৰ হিচাপে গ্ৰহণ কৰাকে ভবা হৈছে। বৰ্তমান আৰু এই তিনিটা প্ৰজাতিৰ শগুনহে দেখিবলৈ পোৱা যায়। অন্যান্য চৰাইৰ ভিতৰত আৰু -ৰ ভিতৰত আৰু পাতসিয়া চৰাই )-ৰ ভিতৰত সাধাৰণতে দেখিবলৈ পোৱা টোকোৰা আৰু লুপ্তপ্ৰায় -ৰ ভিতৰত আৰু -ৰ ভিতৰত আদি উল্লেখযোগ্য। অন্যান্য লুপ্তপ্ৰায় চৰাই, আৰু দেখিবলৈ পোৱা যায়। পৃথিৱীৰ ভিতৰতে বৃহৎ আকাৰৰ দুবিধ সাপ ক্ৰমে আৰু লগতে আটাইতকৈ দীঘল বিষধৰ সাপ ৰজাফেঁটী এই উদ্যানত বিদ্যমান। ইয়াৰ উপৰিও ফেঁটী সাপ আৰু দেখিবলৈ পোৱা যায়। প্ৰজাতিসমূহৰ আৰু কাজিৰঙাত দেখা যায়। অন্যান্য সৰীসৃপৰ ভিতৰত কাছ যেনে সঘনাই দেখিবলৈ পোৱা যায়। ইয়াৰ বাহিৰেও পোৱা যায়। -কে ধৰি ৪২ বিধ ভিন্ন প্ৰজাতিৰ মাছৰ বাসভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। উদ্ভিদকুল মূলত: চাৰি প্ৰকাৰৰ উদ্ভিদসমষ্টি দেখিবলৈ পোৱা যায়: পলসুৱা মাটিৰ ঘাঁহনি পলসুৱা মাটিৰ ঘাঁহনি আৰু অৰণ্য গ্ৰীষ্মপ্ৰধান আৰ্দ্ৰ মিশ্ৰিত পৰ্ণপাতী অৰণ্য আৰু গ্ৰীষ্মপ্ৰধান অৰ্ধ-চিৰসেউজ অৰণ্য ১৯৮৬ চনৰ জৰীপ অনুযায়ী উদ্যানখনৰ উদ্ভিদসমষ্টিৰ অংশ: ওখ ঘাঁহনি ৪১%, চাপৰ ঘাঁহনি ১১%, মুকলি জংগল ২৯%, পিটনি ৪%, নদী আৰু অন্য জলাশয় ৮%, বালিভূমি ৬% উদ্যানখনৰ পূব আৰু পশ্চিম অংশৰ মাজত উচ্চতাৰ পাৰ্থক্য আছে। পশ্চিম অংশ পূবতকৈ নামনিত। পশ্চিম অংশ ঘাঁহনিৰে আৱৰা। ওখ ঘাঁহ ওখ অংশত পোৱা যায়, আনহাতে চাপৰ ঘাঁহ পোৱা যায় আপেক্ষিক ভাৱে কম উচ্চ আৰু জলাশবসমূহৰ পাৰে পাৰে। বছৰেকীয়া বানপানী, তৃণভোজীৰ চাৰণ আৰু নিয়ন্ত্ৰিত ভাৱে জ্বলাই দিয়াৰ বাবে ঘাঁহনি আৰু খাগৰি অক্ষুণ্ণ থাকে। ওখ ঘাঁহৰ ভিতৰত কুঁহিয়াৰ আৰু নল-খাগৰি প্ৰধান। ঘাঁহৰ মাজে মাজে বিভিন্ন বনৰীয়া ফুল বিৰাজমান। ঘাঁহনিৰ মাজে মাজে কেবাটাও প্ৰজাতিৰ গছ দেখিবলৈ পোৱা যায়। ঘাঁহনিক ছাঁয়া দি ৰখা এই ওখ গছসমূহৰ ভিতৰত ছাভানা ঘাঁহনিত শিমলু আৰু পলসুৱা ঘাঁহনিত ঔটেঙা গছেই প্ৰধান। কাঞ্চনঝুৰি, পানবাৰী আৰু তামূলীপথাৰ ব্লকসমূহত চিৰসেউজ অৰণ্য বিৰাজমান। এই চিৰসেউজ অৰণ্যত দেখা পোৱা গছ সমূহ হৈছে আৰু বিভিন্ন প্ৰজাতি। বাগৰি, বিমলী, আৰু হালধিবাৰী ব্লকত গ্ৰীষ্মপ্ৰধান অৰ্ধ-চিৰসেউজ অৰণ্য দেখা যায়। এই অংশত পোৱা যায় আৰু কাজিৰঙাৰ জলাশয় সমূহতো বিভিন্ন প্ৰকাৰৰ উদ্ভিদ দেখা যায়। পানী মেটেকা কাজিৰঙাত সতকাই চকুত পৰা এবিধ আগ্ৰাসী জল-উদ্ভিদ। পানী-মেটেকাই জলাশয়সমূহ ঢাকি পেলায় যদিও বানপানীয়ে বছৰি মেটেকা নিৰ্মূল কৰে। আন এবিধ আগ্ৰাসী উদ্ভিদ যি তৃণভোজী প্ৰাণীৰ বাবে হানিকাৰক। ২০০৫ চনত -ৰ সহযোগত কাজিৰঙাৰ কৰ্মচাৰীয়ে ইয়াক নিৰ্মূল কৰে। প্ৰশাসন অসম চৰকাৰৰ বন বিভাগৰ বন্যজীৱন শাখাৰ বোকাখাটস্থিত সদৰ কাৰ্যালয়ৰপৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰশাসন কাৰ্য্য চলোৱা হয়। উদ্যান প্ৰশাসনৰ মুৰব্বী হৈছে সঞ্চালক, এখেত সংৰক্ষক পৰ্য্যায়ৰ বিষয়া এজন সংমণ্ডল বন প্ৰাধিকাৰী উদ্যান প্ৰশাসনৰ মুখ্য কাৰ্য্যবাহী বিষয়া। দুজন সহকাৰী বন সংৰক্ষকৰ পদাধিকাৰীয়ে এখেতক সহযোগিতা আগবঢ়ায়। উদ্যানখনক চাৰিখন ক্ষেত্ৰত ভাগ কৰা হৈছে, একোখন ক্ষেত্ৰ 'ক্ষেত্ৰ বন বিষয়া'ৰ দ্বাৰা পৰিচালিত হয়। এই ক্ষেত্ৰ চাৰিখন হৈছে বুঢ়াপাহাৰ, বাগৰি, মধ্য আৰু পূৰ্ব। প্ৰতিখনৰ সদৰ ক্ৰমে ঘোঁৰাকাটি, বাগৰি, কঁহৰা আৰু অগৰাতলী। একোখন ক্ষেত্ৰক আকৌ কেবাখনো 'পহৰা ক্ষেত্ৰ'ত ভগোৱা হৈছে। বিটসমূহৰ পৰিচালনা একোজন 'বনপালক'ৰ তত্ত্বাৱধানত থাকে। বিটসমূহক 'উপবিট'ত ভগোৱা হয়, যাৰ মুখ্য দায়িত্ব এগৰাকী বনৰক্ষীয়ে বহন কৰে। উদ্যানৰ বাবে অৰ্থনৈতিক সাহায্য ৰাজ্য চৰকাৰ আৰু ভাৰত চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰণালয়ৰ বিভিন্ন পৰিকল্পিত আৰু পৰিকল্পনা বহীৰ্ভূত বিভিন্ন শিতানৰ যোগেদি আগবঢ়োৱা হয়। কেন্দ্ৰ চৰকাৰৰ হাতী প্ৰকল্পৰ পৰাও সাহায্য আহে। ১৯৯৭-১৯৯৮ চনত বিশ্ব ঐতিহ্য নিধিৰ 'নিৰাপত্তা প্ৰবলনৰ বাবে কাৰিকৰী সহযোগিতা আঁচনি'ৰ অধীনত ১০০,০০০ আমেৰিকান ডলাৰৰ অনুদান আগবঢ়োৱা হৈছিল। বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অনা-চৰকাৰ সংস্থাৰপৰাও অনুদান পোৱা যায়। সংৰক্ষণ ব্যৱস্থা ভাৰতীয় আইনৰ অধীনত বন্য প্ৰাণী সংৰক্ষণৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সৰ্বাধিক ৰক্ষণা-বেক্ষণ দিয়া হৈছে। ১৮৯১ চনৰ 'অসম বন নিয়ন্ত্ৰণ আইন'ৰপৰা 1891) আৰম্ভ কৰি ২০০২ চনৰ 'জৈৱবৈচিত্ৰ্য সংৰক্ষণ আইন'লৈ 200) কেবাখনো আইনৰ জৰিয়তে কাজিৰঙাক বিশেষ সুৰক্ষা প্ৰদান কৰা হৈছে। ঘাইকঁ গঁড়ৰ চোৰাং-চিকাৰ এই উদ্যানৰ বাবে এটা চিন্তাৰ বিষয়। ১৯৮০ চনৰপৰা ২০০৫ চনলৈ ৫৬৭-টা গঁড় চোৰাং-চিকাৰীৰ হাতত নিধন হৈছে। বিগত কেইটামান বছৰত এই হাৰ কমি আহি ২০০৭ চনত ১৮-টা গঁড় চোৰাংকৈ হত্যা কৰা হৈছে। সন্ত্ৰাসবাদী সংগঠনৰ উপাৰ্জনৰ লগত চোৰাং-চিকাৰ জড়িত থকাৰ বিষয়েও তথ্য পোৱা গৈছে। অৱশ্যে বিগত বছৰকেইটাত এনে তথ্য পোৱা হোৱা নাই। চোৰাং চিকাৰ ৰোধ কৰাৰ বাবে বিশেষ কেম্প সজাৰ উপৰিও ইতিপূৰ্বে থকা কেম্পসমূহক উন্নত কৰা, পহৰা দিয়া, খবৰ সংগ্ৰহ কৰা আৰু উদ্যানৰ পাৰ্শৱৰ্তী এলেকাত বন্দুক-বাৰুদ নিষিদ্ধ কৰা আদি ব্যৱস্থাই চোৰাং চিকাৰ কিছু দূৰ নিয়ন্ত্ৰণলৈ আনিছে। বছৰেকীয়া বানপানী আৰু মাত্ৰধিক বৰষুণ বন্য জীৱৰ মৃত্যুৰ এটা বৃহৎ কাৰণ, লগতে সংৰক্ষণৰ কাঠামোৰো ই ক্ষতিসাধন কৰে। বানপানীৰপৰা পৰিত্ৰাণৰ বাবে বহুতো জীৱই উদ্যান এলেকাৰ বাহিৰৰ ওখ ঠাইলৈ গুচি যায়, য'ত সহজে চিকাৰ হোৱাৰ উপৰিও তীব্ৰ-বেগী যানবাহনৰ খুন্দাতো প্ৰাণ দিবলগীয়া হয়। জনবসতিৰ খেতি নষ্ট কৰাৰ বাবেও কেতিয়াবা এনে জীৱক হত্যা কৰা হয়। এনে সমস্যা হ্ৰাস কৰিবলৈ উদ্যান প্ৰশাসনে পহৰা চকীৰ সংখ্যা বঢ়োৱাৰ লগতে পানীৰ মাজেৰে সূচল পহৰাৰ বাবে বেগী নাৱৰ ব্যৱস্থা কৰিছে। উদ্যানৰ ভিতৰতে কৃত্ৰিম ওখ স্থানৰ ব্যৱস্থাও কৰা হৈছে। কাজিৰঙা দক্ষিণ সীমাৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ-ৰ ওপৰেৰ নিৰাপদে জীৱ-জন্তু পাৰ হ'বলৈ কেবাটাও ক'ৰিডৰ নিৰ্মাণ কৰা হৈছে। ঘৰুৱা প্ৰাণীৰ বেমাৰৰ জীৱাণু উদ্যানৰ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰাকৈ পালিত পশুক প্ৰতিষেধক প্ৰদান কৰা আৰু বন্য জীৱসমূহৰ জিনীয় বৈশিষ্ট্য অক্ষুণ্ণ ৰাখিবলৈ পালিত পশুৰ লগত প্ৰজনন কৰিব নোৱাৰাকৈ সংবেদনশীল ক্ষেত্ৰসমূহ বেৰ দিয়া আদি পদ্ধতি পালন কৰা হয়। কাজিৰঙাৰ পাৰ্শ্বৱৰ্তী চাহবাগিচাৰ কীটনাশক আৰু নুমলীগড় শোধনাগাৰৰপৰা নিৰ্গত আৱৰ্জনাৰে হোৱা জল প্ৰদূষণ উদ্যানখনৰ পৰিস্থিতিতন্ত্ৰৰ বাবে এক ভাবুকি। মিমোছা আৰু বন গোলাপৰ দৰে আগ্ৰাসী উদ্ভিদে উদ্যানখনৰ থলুৱা উদ্ভিদৰ প্ৰতি আশংকা আনিছে। এনে আগ্ৰাসী উদ্ভিদ নিয়ন্ত্ৰণৰ বাবে জৈৱিক উপায় যেনে, হাতেৰে উভলা, বীজ বোৱাৰ আগেয়েই এনে উদ্ভিদ নাশ কৰা আদি নিয়মিতভাৱে অৱলম্বন কৰা হয়। বনজুই নিয়ন্ত্ৰণৰ বাবে ঘাঁহনিৰ 'নিয়ন্ত্ৰিত জ্বালন' আদি বছৰি প্ৰয়োগ কৰা হয়। পৰ্যটকৰ বাবে কৰ্ম উদ্যানৰ ভিতৰত আৰু কাষৰীয়া ঠাইত ঘাইকৈ বন্যপ্ৰাণী দৰ্শন আৰু পক্ষী দৰ্শন পৰ্যটকৰ বাবে আকৰ্ষণীয়। হাতী আৰু জীপ গাড়ীৰে অৰণ্য দৰ্শনলৈ লৈ যোৱা হয়। মানুহ আৰু জন্তুৰ সংঘাত নহ'বলৈ উদ্যানৰ ভিতৰত হাইকিং নিষিদ্ধ। বন্যপ্ৰাণী দৰ্শনৰ বাবে ছহলা, মিহিমুখ, কাঠপৰা, ফলিয়ামাৰী, আৰু হৰমতীত 'দৰ্শন স্তম্ভ' আছে। উদ্যানৰ বিল-গছ-ঘাঁহনিৰ নৈসৰ্গিক দৃশ্যাৱলীক নামনি হিমালয়ৰ শৃংগসমূহে আৱৰি ৰাখিছে। পৰ্যটকক উদ্যানৰ বিষয়ে অধিক জনাবলৈ বাগৰিত এটা 'বিশ্লেষণ কেন্দ্ৰ' অৱস্থিত। এপ্ৰিল মাহৰ মাজভাগৰপৰা অক্টোবৰৰ মাজভাগলৈ হোৱা তীব্ৰ বৰষুণৰ বাবে উদ্যান দৰ্শনাৰ্থীৰ বাবে বন্ধ ৰখা হয়। অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ দ্বাৰা পৰিচালিত পৰ্যটক আৱাস গৃহৰ চাৰিটা কঁহৰাত আৰু তিনিটা অৰণ্যৰ ভিতৰত অৱস্থিত। ব্যক্তিগত খণ্ডৰ কেবাটাও ৰিজোৰ্ট উদ্যান পৰিসীমাৰ বাহিৰত আছে। পৰ্যটকৰ সংখ্যা বৃদ্ধিয়ে কাষৰীয়া অঞ্চলত পৰ্যটনৰ লগত জড়িত কাৰ্যৰ জৰিয়তে অৰ্থালাভৰ বাট মোকলাই দিছে। ইয়াৰ জৰিয়তে উদ্যান সংৰক্ষণৰ প্ৰয়োজনীয়তা কাষৰীয়া মানুহৰ মাজত অনুভূত হৈছে। পৰ্যটকৰ মাজত চলোৱা এটা জৰীপত ৮০% শতাংশই গঁড় দৰ্শন আটাইতকৈ আনন্দদায়ক বুলি মন্তব্য আগবঢ়ায়। বিদেশী পৰ্যটকে উদ্যানখনৰ ৰক্ষণা-বেক্ষণৰ বাবে অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত জোৰ দিয়ে যদিও স্থানীয় পৰ্যটকে ঘাইকৈ পশু সেৱাত গুৰুত্ব দিয়ে বুলি জৰীপত জানিব পৰা গৈছে। পৰিবহণ সকলো পৰ্যটককে বন-বিভাগৰ দ্বাৰা অনুমোদিত 'গাইড'ৰ লগতহে উদ্যানৰ ভিতৰলৈ যোৱাৰ অনুমতি দিয়া হয়। মাউতৰ দ্বাৰা পৰিচালিত হাতীৰে বা জীপ আৰু 'চাৰিচকীয়া ড্ৰাইভ'ৰ অইন গাড়ীৰে অৰণ্যৰ ভিতৰলৈ যাবলৈ আগতীয়াকৈ 'বুক' কৰিব লাগে। কঁহৰাত থকা উদ্যান প্ৰশাসন কেন্দ্ৰৰপৰা গাড়ী যাব পৰা তিনিটা বাটেৰে উদ্যানখনৰ তিনিটা ক্ষেত্ৰ কঁহৰা, বাগৰি আৰু অগৰাতলীৰ মাজেৰে সৰু গাড়ীৰে ভ্ৰমণ কৰিব পাৰি। এই বাট নৱেম্বৰ মাহৰপৰা মে মাহৰ মধ্যভাগলৈ খোলা থাকে। গাইড লগত থাকিলে পৰ্যটকে নিজৰ গাড়ীৰেও এই বাটেৰে ভ্ৰমণ কৰিব পাৰে। গুৱাহাটী, তেজপুৰৰপৰা উজনি অসমলৈ চলাচল কৰা অসম ৰাজ্যিক পৰিবহণ নিগম আৰু ব্যক্তিগত মালিকানাধীন বাছেৰে গৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাই-পথত অৱস্থিত কাজিৰঙাৰ মুখ্য প্ৰৱেশদ্বাৰ, কঁহৰাত নামিব পাৰি। আটাইতকৈ ওচৰৰ নগৰ বোকাখাটলৈ দূৰত্ব ২৩ কি.মি.। উদ্যানৰ ওচৰৰ চহৰ হৈছে গুৱাহাটী (দূৰত্ব ২১৭ কি.মি.) আৰু যোৰহাট (দূৰত্ব ৯৭ কি.মি.)। ফৰকাটিং (দূৰত্ব ৭৫ কি.মি.) আটাইতকৈ ওচৰৰ ৰেল-ষ্টেচন। কাষৰীয়া বিমানকোঠ যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰ। তেজপুৰৰ শালনীবাৰী বিমানকোঠলৈ দূৰত্ব ১০০ কি.মি.। গুৱাহাটীত অৱস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আটাইতকৈ ওচৰৰ মুখ্য বিমানবন্দৰ। জনপ্ৰিয় মাধ্যমত কাজিৰঙাক কেন্দ্ৰ কৰি কেবাখনো কিতাপ, গান আৰু তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছে। ৰবীন বেনাৰ্জীৰ দ্বাৰা নিৰ্মিত তথ্যচিত্ৰ কাজিৰঙা ১৯৬১ চনত বাৰ্লিন দূৰদৰ্শনত প্ৰচাৰিত হোৱাৰ পাছতেই কাজিৰঙা আন্তৰ্জাতিক ভাৱে আলোচিত 2007-03-22 আমেৰিকা যুক্তৰাষ্ট্ৰৰ কল্পবিজ্ঞান লেখক 'এল. স্প্ৰিউগ ডি কেম্প'য়ে কাজিৰঙাক লৈ কাজিৰঙা, অসম নামে এটা কবিতা ৰচনা কৰে। ১৯৭০ চনত প্ৰকাশিত ছ এণ্ড ডাইন'ছ'ৰ নামৰ কাব্য সংকলনত কবিতাটো প্ৰথমে প্ৰকাশ হয়। ২০০৫ চনত 'কাজিৰঙা' নামেৰে কবিতাটো পুনৰ মুদ্ৰণ হয় গ্ৰন্থত। কাজিৰঙাৰ গঁড়ৰ চোৰাং চিকাৰক উপজীৱ্য হিচাপে লৈ ৰছিত অৰূপ দত্তৰ শিশু উপন্যাস কাজিৰঙা ট্ৰেইল-এ শংকৰ বঁটা লাভ কৰে। এইখন ১৯৭৯ চনত ছ বুক ট্ৰাষ্ট'ৰ দ্বাৰা প্ৰকাশিত হৈছিল। ড৹ ভূপেন হাজৰিকাই কাজিৰঙাক উপলক্ষে কৰি এটা গান ৰচনা কৰিছিল। কাজিৰঙাৰ বৰ্তমানৰ প্ৰথম মহিলা মাউত পাৰ্বতী বৰুৱাক লৈ বিবিচিৰ পৰিবেশ সংৰক্ষক আৰু ভ্ৰমণ কাহিনী লেখক 'মাৰ্ক শ্বেণ্ড'য়ে এখন কিতাপ ৰচনা কৰে আৰু তথ্য-চিত্ৰ কুইন অৱ দা ছ নিৰ্মাণ কৰে। কিতাপখনে ১৯৯৬ চনৰ থমাছ কুক ভ্ৰমণ গ্ৰন্থ বঁটা আৰু ফ্ৰান্সৰ বঁটা লাভ কৰে। কিতাপখনে কাজিৰঙা আৰু হাতীৰ মাউতৰ বৃত্তিক বিশ্বব্যাপী প্ৰচাৰৰ মাজলৈ আনে। তথ্য-সংগ্ৰহ অধিক তথ্যৰ বাবে 2005 37, বাহ্যিক সংযোগ কাজিৰঙা ৰাষ্ট্ৰীয উদ্যানৰ আনুষ্ঠানিক ৱেবছাইট 360 কাজিৰঙা ৰাষ্ট্ৰীয উদ্যানৰ বিষয় ৰচনা অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থান অসমৰ
68384
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%80%20%E0%A6%9B%E0%A7%8B%E0%A6%A1%E0%A6%BC%20%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8
বন্দী ছোড় দিৱস
বন্দী ছোড় দিৱস শিখ ধৰ্মাৱলম্বী সকলে উদযাপন কৰা উৎসৱ। এই দিনা শিখসকলৰ ষষ্ঠ গুৰু, গুৰু হৰগোৱিন্দক গ্বালিয়ৰ দুৰ্গৰ পৰা মুক্তি দিয়া হৈছিল। মোগল সম্ৰাট জাহাংগীৰে তেওঁক কেইবা মাহ ধৰি গ্বালিয়ৰ দুৰ্গত বন্দী কৰি ৰাখিছিল। বৰ্তমান এই দুৰ্গৰ যি স্থানত গুৰুক বন্দী কৰি ৰখা হৈছিল তাতে এটা শিখ গুৰুদ্বাৰা গুৰুদ্বাৰ দাতা বন্দী ছোড় চাহিব অৱস্থিত। 'বন্দী ছোড় দিৱস'ৰ আক্ষৰিক অৰ্থ হৈছে 'মুক্তি দিৱস' বা 'বন্দী এৰি দিয়া দিন'। এই দিন শৰৎ ঋতুত পৰে আৰু প্ৰায়ে পঞ্জাবত উদযাপন কৰা পোহৰৰ উৎসৱ হিন্দু উৎসৱ দেৱালীৰ সৈতে একে দিনত উদযাপন কৰা হয়। ঐতিহাসিকভাৱে তৃতীয় শিখ গুৰু অমৰ দাসৰ সময়ৰ পৰা দেৱালী, বৈশাখী আৰু এনে অন্যান্য উৎসৱসমূহত শিখ আৰু হিন্দুসকলৰ গুৰুআসনৰ ওচৰত একত্ৰিত হৈছিল। ২০ শতিকাৰ শেষভাগত শিখ ধৰ্মীয় নেতা আৰু শিৰোমণি গুৰুদ্বাৰা প্ৰবন্ধক সমিতিয়ে শিৰোমণি গুৰুদ্বাৰা প্ৰবন্ধক সমিতিৰ তদানীন্তন সভাপতি অধ্যাপক কিৰপাল সিং বাদুংগাৰৰ অধীনত ২০০৩ চনত নানকশাহী কেলেণ্ডাৰ অনুসৰি এই দিনক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়। দেৱালী উৎসৱ সমগ্ৰ ভাৰত আৰু বিশ্বব্যাপী হিন্দু, জৈন আৰু শিখ ধৰ্মালম্বী লোকসকলে উদযাপন কৰে। ইয়াৰ গুৰুত্ব হিন্দু ধৰ্মৰ প্ৰাচীন ঘটনা আৰু শাস্ত্ৰৰ ওপৰত আধাৰিত। আনহাতে বন্দী ছোড় দিৱসে ষষ্ঠ গুৰু হৰগোৱিন্দৰ সৈতে সম্পৰ্কিত এটা শিখ ঐতিহাসিক অনুষ্ঠান। ঐতিহাসিক তথ্য অনুসৰি এই দিনটোতে গুৰু হৰগোৱিন্দে মোগল সম্ৰাট জাহাংগীৰৰ দ্বাৰা বন্দী ৫২জন ৰজাৰ মুক্তি সুৰক্ষিত কৰিবলৈ সক্ষম হৈছিল। বন্দী ছোড় দিৱস ব্যক্তিগত ঘৰ আৰু গুৰুদ্বাৰাত উদযাপন কৰা হয়। শোভাযাত্ৰা বা নগৰ কীৰ্তন আৰু লংগৰ বা সম্প্ৰদায়ৰ পাকঘৰৰ লগতে সকলো ঠাই পোহৰেৰে আলোকিত কৰি উদযাপন কৰা হয়। বৈশাখী, হলা মোহল্লা আৰু গুৰুপৰ্বৰ সৈতে এয়া এক গুৰুত্বপূৰ্ণ শিখ উৎসৱ। বৰ্ণনা গুৰু হৰগোৱিন্দ চাহিব জীক গোৱালিয়ৰ কাৰাগাৰৰ পৰা মুক্তি সময়ত তেওঁৰ পিছফালৰ কাপোৰৰ ধৰি ৫২ গৰাকী ৰজায়েও মুক্তি লাভ কৰিছিল। গুৰু গৰাকীয়ে যুদ্ধৰ কোনো লক্ষণ অবিহনে সকলো ৫২জন নিৰীহ শাসকক সুৰক্ষাৰ ব্যবস্থা কৰি দিছিল। নগৰ কীৰ্তন বা পথৰ শোভাযাত্ৰা আৰু গুৰু গ্ৰন্থ চাহিবৰ অখণ্ড পাঠৰ লগতে আতচবাজি প্ৰদৰ্শনেৰে এই দিন উদযাপন কৰা হয়। শ্ৰী হৰমন্দিৰ চাহিবৰ লগতে গোটেই কমপ্লেক্সটো হাজাৰ হাজাৰ জিলিকি থকা লাইটেৰে সজোৱা হয়। গুৰুদ্বাৰ সমূহত নিৰন্তৰ কীৰ্তন আৰু বিশেষ সংগীতজ্ঞসকলৰ প্ৰাৰ্থনা আয়োজন কৰা হয়। শিখসকলে এই অনুষ্ঠানত গুৰুদ্বাৰলৈ দৰ্শন কৰিবলৈ আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে সময় কটাবলৈ এক গুৰুত্বপূৰ্ণ সময় বুলি বিবেচনা কৰে। ইতিহাস আৰু তাৎপৰ্য গুৰু হৰগোৱিন্দ চাহিবৰ পিতৃ গুৰু অৰ্জন দেৱক মোগল সম্ৰাট জাহাংগীৰৰ আদেশত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ আদেশ দিয়া হৈছিল। তেওঁ সম্ৰাটৰ আদেশ অস্বীকাৰ কৰাৰ ফলত ১৬০৬ চনত তেওঁৰ ওপৰত নিৰ্যাতন চলোৱা হৈছিল আৰু অৱশেষত মৃত্যুদণ্ড বিহা হৈছিল। এই দিন গুৰু অৰ্জন শ্বহীদ দিৱস হিচাপে ভাৰত আৰু শিখসকলৰ ইতিহাসৰ এক নিৰ্ধাৰিত মুহূৰ্ত হিচাপে পৰিগণিত হয়। ইয়াৰ পিছত গুৰু হৰগোৱিন্দে তেওঁৰ পিতৃক পিছত পৰৱৰ্তী গুৰু হিচাপে প্ৰতিষ্ঠিত হয়। ১৬০৬ চনৰ ২৪ জুন তাৰিখে মাত্ৰ ১১ বছৰ বয়সত গুৰু হৰগোৱিন্দে ষষ্ঠ শিখ গুৰু হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। তেওঁৰ উত্তৰাধিকাৰী অনুষ্ঠানত তেওঁ দুডাল তৰোৱাল গ্ৰহণ কৰিছিল। ইয়াৰ এডালে আধ্যাত্মিক কৰ্তৃত্ব (পিৰি) বজাই ৰখাৰ সংকল্প সূচিত কৰিছিল আৰু আনটো তেওঁৰ অস্থায়ী কৰ্তৃত্বক (মিৰি) সূচিত কৰিছিল। মোগল সম্ৰাট জাহাংগীৰৰ দ্বাৰা গুৰু অৰ্জন সিঙৰ মৃত্যুদণ্ডৰ আদেশৰ বাবে গুৰু হৰগোৱিন্দে মোগল শাসনৰ উৎপীড়নৰ বিৰোধী আছিল। তেওঁ শিখ আৰু হিন্দুসকলক মোগলৰ বিৰুদ্ধে যুঁজ কৰিবলৈ পৰামৰ্শ দিছিল। জাহাংগীৰৰ হাতত তেওঁৰ দেউতাকৰ মৃত্যুই তেওঁক শিখ সম্প্ৰদায়ৰ সামৰিক মাত্ৰাৰ ওপৰত গুৰুত্ব দিবলৈ উৎসাহিত কৰিছিল। গুৰুক জাহাংগীৰৰ দ্বাৰা গোৱালিয়ৰ দুৰ্গত কেনেকৈ বন্দী কৰা হৈছিল তাৰ বিভিন্ন সংস্কৰণ আছে। এক সংস্কৰণ অনুসৰি যেতিয়া লাহোৰৰ নৱাব মুৰ্তাজা খানে লক্ষ্য কৰিছিল যে গুৰুৱে অমৃতচৰত শ্ৰী অকাল তখ্ট চাহিব বা 'সৰ্বশক্তিমানৰ সিংহাসন' নিৰ্মাণ কৰিছিল আৰু তেওঁৰ সেনাবাহিনীক শক্তিশালী কৰি আছিল, তেওঁ মোগল সম্ৰাট জাহাংগীৰক এই বিষয়ে অৱগত কৰিছিল। তেওঁ লগতে গুৰুত্ব আৰোপ কৰে যে শিখ গুৰুৱে তেওঁৰ দেউতাকৰ অত্যাচাৰ আৰু মৃত্যুৰ প্ৰতিশোধ লোৱাৰ বাবে প্ৰস্তুতি কৰি আছে। যেতিয়া জাহাংগীৰে এই বিষয়ে শুনিছিল তেওঁ এবাৰতে গুৰু হৰগোৱিন্দক গ্ৰেপ্তাৰ কৰিবলৈ ৱাজিৰ খান আৰু গুণা বেগক অমৃতচৰলৈ পঠিয়াইছিল। কিন্তু গুৰু হৰগোৱিন্দৰ গুণগ্ৰাহী ৱাজিৰ খানে তেওঁক গ্ৰেপ্তাৰ কৰাৰ সলনি গুৰুক দিল্লীলৈ যাবলৈ অনুৰোধ কৰিছিল যে সম্ৰাট জাহাংগীৰে তেওঁক লগ কৰিব বিচাৰে। যুৱ গুৰুৱে আমন্ত্ৰণটো গ্ৰহণ কৰিছিল আৰু সোনকালেই দিল্লীত উপস্থিত হৈছিল। ইয়াতে জাহাংগীৰে তেওঁক বন্দী বনাই ১৬০৯ চনত গ্বালিয়ৰ দুৰ্গলৈ পঠিয়াইছিল। আন এক সংস্কৰণ অনুসৰি গুৰু অৰ্জনৰ ওপৰত আৰোপ কৰা জৰিমনা শিখ আৰু গুৰু হৰগোৱিন্দে পৰিশোধ কৰা নাছিল বুলি অজুহাতত গুৰু হৰগোৱিন্দক কাৰাদণ্ডৰ বিহা হৈছিল বুলি কোৱা হয়। তেওঁ বন্দী হিচাপে কিমান সময় অতিবাহিত কৰিছিল সেয়া স্পষ্ট নহয়। তেওঁৰ মুক্তিৰ চন ১৬১১ বা ১৬১২ বুলি গণ্য কৰা হয়। এই সময়ত গুৰু হৰগোৱিন্দৰ বয়স প্ৰায় ১৬ বছৰ আছিল। দাবিস্তান-ই-মাজাহিবৰ দৰে পাৰ্চী ঐতিহাসিক সমল অনুসৰি তেওঁক ১৬১৭-১৬১৯ চনৰ ভিতৰত গ্বালিয়ৰৰ কাৰাগাৰত ৰখা হৈছিল। ইয়াৰ পিছত তেওঁক আৰু তেওঁৰ শিবিৰক জাহাংগীৰে মুছলিম সেনাৰ নিৰীক্ষণত ৰখা হৈছিল। কিছুমান তথ্য অনুসৰি গুৰু হৰগোৱিন্দে মুক্তিৰ পিছত তেওঁ অমৃতচৰলৈ গৈছিল আৰু তেতিয়া মানুহবোৰে দেৱালী উৎসৱ উদযাপন কৰি আছিল। শিখ ইতিহাসৰ এই গুৰুত্বপূৰ্ণ দিনটোক এতিয়া বন্দী ছোড় দিৱস উৎসৱ বুলি কোৱা হয়। তথ্য উৎস ভাৰতৰ উৎসৱসমূহ শিখ
49746
https://as.wikipedia.org/wiki/%E0%A6%87%E0%A6%B2%E0%A6%A8%20%E0%A6%AE%E0%A6%BE%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A7%8D
ইলন মাস্ক্
ইলন ৰিভ্ মাস্ক্ (জন্ম: ২৮ জুন ১৯৭১) এগৰাকী পুঁজিপতি, বিনিয়োগকাৰী আৰু সমাজহিতৈষী লোক। দক্ষিণ আফ্ৰিকা, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব থকা ইলন মাস্ক্ স্পেছ্এক্সৰ প্ৰতিষ্ঠাপক, মুখ্য কাৰ্য্যবাহী বিষয়া আৰু মূল পৰিকল্পনাকাৰী। তেওঁ টেছলা কোম্পানীটোৰ সহ-প্ৰতিষ্ঠাপক, মুখ্য কাৰ্য্যবাহী বিষয়া আৰু স্থপতি; নিউৰালিংকৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্য্যবাহী বিষয়া, আৰু পেইপলৰ সহ-প্ৰতিষ্ঠাপক। ব্লুমবাৰ্গ বিলিয়নাৰ্ছ্ ইণ্ডেক্স আৰু ফ'ৰ্বছৰ বাস্তৱ-সময়ৰ বিলিয়নাৰৰ তালিকা অনুসৰি ২০২২ চনৰ মে' মাহলৈ আনুমানিক ২৬৫ বিলিয়ন ডলাৰ সম্পত্তিৰে সৈতে মাস্ক্ সমগ্ৰ বিশ্বৰ ভিতৰতে সবাতোকৈ চহকী ব্যক্তি। দক্ষিণ আফ্ৰিকাৰ প্ৰিট'ৰিয়াত ডাঙৰ-দীঘল হোৱা মাস্কে ১৭ বছৰ বয়সত কানাডাৰ কুইনছ্ বিশ্ববিদ্যালয়ত পঢ়িবলৈ যায়। দুবছৰ পিছত তেওঁ পেনছিলভেনিয়া বিশ্ববিদ্যালয়ত ভৰ্ত্তি হয়। ইয়াৰ অন্তৰ্গত হোৱাৰ্টন স্কুলৰ পৰা অৰ্থনীতি বিজ্ঞানৰ ডিগ্ৰী আৰু কলেজ অৱ্ আৰ্টছ্ এণ্ড্ চায়েন্সেছৰ পৰা পদাৰ্থবিজ্ঞানৰ ডিগ্ৰী লাভ কৰে। ১৯৯৫ চনত তেওঁ ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা প্ৰায়োগিক পদাৰ্থবিজ্ঞান আৰু বস্তুবিজ্ঞান বিষয়ত পি. এইচ. ডি. আৰম্ভ কৰিছিল। কিন্তু মাত্ৰ দুটা দিন পিছতে নিজাকৈ উদ্যোগী কেৰিয়াৰ গঢ়াৰ প্ৰতি থকা আগ্ৰহৰ বাবে গৱেষণাৰ কাম বাদ দিয়ে। ইয়াৰ পিছতে তেওঁ জিপ২ নামৰ ৱেব ছফ্টৱেৰ কোম্পানী এটাৰ সহ-প্ৰতিষ্ঠা কৰে। ১৯৯৯ চনত ৩৪০ নিযুত ডলাৰৰ বিনিময়ত কমপেকে ইয়াক ক্ৰয় কৰে। মাস্কে তাৰ পিছত নামেৰে অনলাইন বেংক এটাৰ জন্ম দিয়ে। ২০০২ চনৰ মে' মাহত ইলন মাস্কে বিমান আৰু মহাকাশযান নিৰ্মাণ কোম্পানী স্পেছ্এক্স্ প্ৰতিষ্ঠা কৰে। এতিয়া তেওঁ কোম্পানীটোৰ মুখ্য কাৰ্য্যবাহী বিষয়া (চি ই অ') আৰু মুখ্য আৰ্হি-নিৰ্মাতা। ২০০৩ চনত তেওঁ বৈদ্যুতিক গাড়ী আৰু সৌৰ ফলক নিৰ্মাণ কোম্পানী টেছলা প্ৰতিষ্ঠা কৰিবলৈ বিত্তীয় সাহায্য আগবঢ়াইছিল। তেওঁ টেছলাৰ মুখ্য কাৰ্য্যবাহী বিষয়া আৰু স্থপতি হৈছিল। ২০০৬ চনত মাস্কে সৌৰশক্তি যোগান ব্যৱস্থাৰ ওপৰত আধাৰিত ছ'লাৰচিটী গঢ়িবলৈ বিশেষ উদ্যোগ লৈছিল। সম্প্ৰতি টেছলাৰ অংশীদাৰ ৰূপে পৰিগণিত ছ'লাৰচিটীৰ অধ্যক্ষৰ দায়িত্বও মাস্কেই পালন কৰি আহিছে। ২০১৫ চনত মাস্কে মানৱোপযোগী আৰু বন্ধুভাৱাপন্ন কৃত্ৰিম বুদ্ধিমত্তাৰ বিস্তাৰৰ বাবে অপেন এ.আই. নামৰ অলাভজনক গৱেষণা কোম্পানী এটাৰ সহ-প্ৰতিষ্ঠা কৰিছিল। ২০১৬ চনৰ জুলাই মাহত তেওঁ নিউৰালিংকৰ সহ-প্ৰতিষ্ঠা কৰিছিল। এইটো মগজু আৰু কম্পিউটাৰৰ মাজত সংযোগ বিকাশৰ ওপৰত গুৰুত্ব দিয়া এটা স্নায়ুপ্ৰযুক্তীয় কোম্পানী। সম্প্ৰতি তেওঁ নিউৰালিংকৰ মুখ্য কাৰ্য্যবাহী বিষয়া। একেটা বছৰৰে ডিচেম্বৰ মাহত তেওঁ আন্তঃগাঁথনি আৰু সুৰংগ নিৰ্মাণ কোম্পানী দ্য ব'ৰিং কোম্পানীৰ প্ৰতিষ্ঠা কৰে। মাস্কৰ কৰ্মৰাজিসমূহ ব্যৱসায়িক লাভ আহৰণৰ প্ৰাথমিক চৰ্তটো পূৰণ কৰাতে সীমাৱদ্ধ নহয়। তেওঁৰ লক্ষ্য আৰু আঁচনিসমূহ ব্যক্তিগত লাভালাভৰ ঊৰ্ধত। মাস্কে হাইপাৰলুপ নামৰ অতি উচ্চবেগী যাতায়ত ব্যৱস্থা এটাৰ পৰিকল্পনা কৰিছে। উলম্ব দিশেৰে উৰণ আৰম্ভ কৰা আৰু অৱতৰণ কৰা শব্দতকৈ বেগী বৈদ্যুতিক জেটবিমান নিৰ্মাণৰো তেওঁ আঁচনি লৈছে। বৈদ্যুতিক ফেনেৰে সঞ্চালিত এই বিমানসমূহক "মাস্ক্ ইলেকট্ৰিক জেট" নাম দিয়া হৈছে। মাস্কে কৈছে যে স্পেছ্এক্স্, টেছলা আৰু ছ'লাৰচিটীৰ আঁচনিসমূহ সমগ্ৰ পৃথিৱী আৰু মানৱজাতিৰ ৰেহৰূপ সলনি কৰিবলৈ থকা তেওঁৰ স্বপ্নৰ দ্বাৰা পৰিচালিত হৈছে। তেওঁৰ অন্যান্য লক্ষ্যসমূহৰ ভিতৰত বহনক্ষম শক্তি উৎপাদন আৰু ব্যৱহাৰেৰে গোলকীয় উষ্ণতা হ্ৰাস, আৰু মানৱজাতিৰ ভৱিষ্যৎ নিৰাপদ কৰিবলৈ মংগল গ্ৰহত মানুহৰ এলেকা এটা গঢ়াৰ পৰিকল্পনাও আছে। প্ৰাৰম্ভিক জীৱন শৈশৱ আৰু পৰিয়াল ১৯৭১ চনৰ ২৮ জুনত দক্ষিণ আফ্ৰিকাৰ ট্ৰান্সভালৰ প্ৰিট'ৰিয়াত মাস্কৰ জন্ম হৈছিল। তেওঁৰ মাতৃ আছিল কানাডাৰ ৰেজিনাৰ এগৰাকী মডেল আৰু পথ্য বিশেষজ্ঞ মেই মাস্ক্। পিতৃ এৰল মাস্ক্ এগৰাকী দক্ষিণ আফ্ৰিকান বিদ্যুৎৰাসায়নিক অভিযন্তা, বিমান চালক আৰু নাবিক। মাস্কৰ কনিষ্ঠ ভাতৃজনৰ নাম কিম্বল (জন্ম ১৯৭২) আৰু একমাত্ৰ ভনীৰ নাম তস্কা (জন্ম ১৯৭৪)। তেওঁৰ মাকৰ ফালৰ ককা ড॰ জছোৱা হাল্ডেমেন এগৰাকী আমেৰিকাত জন্ম লভা কানাডিয়ান আছিল। তেওঁৰ আইতাক আছিল এগৰাকী ব্ৰিটিছ। মাস্কৰ পেনছিলভেনিয়াৰ ডাটছ্ বংশৰ লগতো যোগসূত্ৰ আছে। শৈশৱকালতে মাস্কৰ কণ্ঠশালুক আঁতৰাই পেলোৱা হৈছিল কাৰণ চিকিৎসকে তেওঁক বধিৰ বুলি সন্দেহ কৰিছিল। কিন্তু পিছলৈ মাকে সিদ্ধান্ত লৈছিল যে ইলনে 'অন্য এখন জগতত' চিন্তা কৰি আছিল। ইলনৰ ডেকাকালত পৰিয়ালটো অতি চহকী আছিল। এৰ'ল মাস্কে এবাৰ কৈছিল, "আমাৰ হাতত কেতিয়াবা ইমান টকা হৈছিলগৈ যে আমি আমাৰ চন্দুকটোও বন্ধ কৰিব পৰা নাছিলো"। ইলনৰ দেউতাকক বৰ্ণবৈষম্য বিৰোধী প্ৰগতিশীল দলৰ প্ৰতিনিধি হিচাপে প্ৰিট’ৰিয়া চহৰ পৰিষদলৈও নিৰ্বাচন কৰা হৈছিল। মাস্কৰ সন্তানসকলেও বৰ্ণবাদৰ প্ৰতি পিতৃৰ অপছন্দৰ ভাগ লৈছিল বুলি জানিব পৰা গৈছে। ১৯৮০ চনত মাক-দেউতাকৰ বিবাহ বিচ্ছেদৰ পিছত মাস্কে প্ৰধানকৈ প্ৰিট'ৰিয়া আৰু অন্যান্য ঠাইত দেউতাকৰ সৈতে বাস কৰিছিল। এই সিদ্ধান্তটো তেওঁ বিবাহ বিচ্ছেদৰ দুবছৰ পাছত কৰিছিল আৰু পৰৱৰ্তী সময়ত তাক লৈ অনুশোচনা কৰিছিল। মাস্ক তেওঁৰ দেউতাকৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল, যাক তেওঁ এইদৰে বৰ্ণনা দিয়ে- "এজন ভয়ংকৰ মানুহ... সম্ভৱতঃ আপুনি ভাবিব পৰা প্ৰায় প্ৰতিটো বেয়া কামেই তেওঁ কৰিছে।"দেউতাকৰ ফালৰ পৰা তেওঁৰ এগৰাকী অৰ্ধ-ভগ্নী আৰু এজন অৰ্ধ-ভাতৃ আছে। যুৱাৱস্থাত ইলনে দেওবৰীয়া এংলিকান বিদ্যালয়ত পঢ়িছিল। প্ৰায় ১০ বছৰ বয়সত ইলনৰ কম্পিউটিং আৰু ভিডিঅ' গেমৰ প্ৰতি আগ্ৰহ জন্মিছিল, আৰু -20 কম্পিউটাৰ এটা কিনিছিল। তেওঁ নিৰ্দেশনা সম্বলিত কিতাপ এখনৰ সহায়ত কম্পিউটাৰ প্ৰগ্ৰেমিং শিকিছিল, আৰু বাৰ বছৰ বয়সত নিজে সাজি উলিওৱা 'ব্লাষ্টাৰ' নামৰ ভিডিঅ' গেম এটাৰ ক'ড নামৰ আলোচনীখনৰ ওচৰত প্ৰায় ৫০০ ডলাৰ মূল্যত বিক্ৰী কৰিছিল। অলপ জটিল আৰু অন্তৰ্মুখী প্ৰকৃতিৰ শিশু ইলনে সমগ্ৰ শৈশৱ কালছোৱাতে হাৰাশাস্তিৰ সন্মুখীন হৈছিল। এবাৰ কেইটামান শিশুৱে ইলনক চিৰিৰ ওপৰৰ পৰা বগৰাই দিয়াত তেওঁ চিকিৎসাধীন হ'বলগীয়া হৈছিল। প্ৰিট'ৰিয়া বালক হাইস্কুলৰ পৰা উত্তীৰ্ণ হোৱাৰ পূৰ্বে তেওঁ ৱাটাৰক্লফ হাউছ প্ৰিপাৰেটৰী স্কুল আৰু ব্ৰায়ানষ্টন হাইস্কুলতো কিছুদিন শিক্ষাগ্ৰহণ কৰিছিল। শিক্ষা কানাডাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যোৱাটো সহজ হ'ব বুলি জানি ইলনে কানাডাত জন্ম লাভ কৰা তেওঁৰ মাকৰ জৰিয়তে পাৰপত্ৰৰ বাবে আৱেদন কৰিছিল। নথি-পত্ৰ সাজু হৈ উঠাৰ আগলৈকে তেওঁ পাঁচ মাহৰ বাবে প্ৰিট'ৰিয়া বিশ্ববিদ্যালয়ত নাম লগাইছিল। ইয়াৰ ফলত তেওঁ দক্ষিণ আফ্ৰিকান সামৰিক বাহিনীৰ বাধ্যতামূলক সেৱাৰ পৰা ৰক্ষা পৰিছিল। ১৯৮৯ চনৰ জুনত মাস্ক কানাডাত উপস্থিত হৈছিল আৰু এবছৰ ধৰি ছাচকাটচেৱানত তেওঁৰ সম্পৰ্কীয় ভাই এজনৰ লগত থাকিছিল। সেই সময়ত তেওঁ মাজে-সময়ে পাম আৰু কাঠমিল এটাত কাম কৰিছিল। ১৯৯০ চনত তেওঁ কিংষ্টনৰ অণ্টাৰিঅ'ৰ কুইনছ্ বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰিছিল। ইয়াৰ দুবছৰ পাছত তেওঁ পেনছিলভেনিয়া বিশ্ববিদ্যালয়লৈ স্থানান্তৰিত হয় আৰু তাৰ পৰা তেওঁ ১৯৯৭ চনত অৰ্থনীতিবিজ্ঞানত বিএছছি ডিগ্ৰী আৰু পদাৰ্থবিজ্ঞানত বিএ ডিগ্ৰী লাভ কৰে। ১৯৯৪ চনৰ গ্ৰীষ্মকালত মাস্কে ছিলিকন ভেলীত দুটা ইন্টাৰশ্বিপ কৰিছিল। এটা আছিল- শক্তি সংৰক্ষণ ষ্টাৰ্টআপ 'পিনাকল ৰিচাৰ্চ ইনষ্টিটিউট'ত, যিয়ে শক্তি সংৰক্ষণৰ বাবে বিদ্যুৎবিশ্লেষ্য উচ্চধাৰকৰ ওপৰত গৱেষণা কৰিছিল। আনটো আছিল- পালো আল্ট' ভিত্তিক ষ্টাৰ্টআপ 'ৰকেট চাইন্স গেমছ'। ১৯৯৫ চনত তেওঁ কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা বস্তু বিজ্ঞানত পি এইচ ডি লাভৰ সুযোগ পাইছিল। মাস্কে নেটস্কেপত চাকৰি এটা পাবলৈ চেষ্টা কৰিছিল যদিও তেওঁৰ সোধা-পোছাৰ কোনো সঁহাৰি নাপালে। দুদিন পাছতে তেওঁ ষ্টেনফ'ৰ্ডৰ পৰা নাম আঁতৰালে, আৰু পি এই ডিৰ পৰিৱৰ্তে ইণ্টাৰনেট বুমত যোগদান কৰি ইণ্টাৰনেট ষ্টাৰ্টআপ এটা আৰম্ভ কৰাৰ সিদ্ধান্ত ল'লে। ব্যৱসায়িক কৰ্মজীৱন জিপ২ ১৯৯৫ চনত মাস্ক্, তেওঁৰ ভাতৃ কিম্বাল, আৰু গ্ৰেগ কৌৰীয়ে এঞ্জেল ইনভেষ্টৰ্ছৰ ধনেৰে ৱেব চফ্টৱেৰ কোম্পানী জিপ২ প্ৰতিষ্ঠা কৰে। তেওঁলোকে পালো আল্ট'ৰ এটা সৰু ভাড়াঘৰত এই উদ্যোগটো ৰাখিছিল। কোম্পানীটোৱে বাতৰি কাকত প্ৰকাশন উদ্যোগৰ বাবে এখন ইণ্টাৰনেট চহৰ নিৰ্দেশিকা প্ৰস্তুত কৰি বিপণন কৰিছিল; য'ত মানচিত্ৰ, দিশ নিৰ্দেশনা আৰু হালধীয়া পৃষ্ঠা আছিল। মাস্কে কয় যে কোম্পানীটো সফল হোৱাৰ আগতে তেওঁ এটা এপাৰ্টমেণ্ট কিনিব পৰা নাছিল। তাৰ পৰিৱৰ্তে এটা অফিচ ভাড়া কৰি চোফাত শুই ৱাইএমচিএত গা ধুইছিল, আৰু এটা কম্পিউটাৰ ভাতৃৰ সৈতে যৌথভাৱে ব্যৱহাৰ কৰিছিল। মাস্কৰ মতে, "দিনত ৱেবছাইটটো সক্ৰিয় হৈ আছিল আৰু মই সপ্তাহৰ সাতোটা দিন গোটেই নিশা ইয়াৰ ক'ডিং কৰি আছিলোঁ।” মাস্ক্ ভাতৃদ্বয়ে দ্য নিউয়ৰ্ক টাইমছ্ আৰু চিকাগো ট্ৰিবিউনৰ সৈতে চুক্তি লাভ কৰিছিল, আৰু চিটিচাৰ্চৰ সৈতে একত্ৰীকৰণৰ পৰিকল্পনা ত্যাগ কৰিবলৈ পৰিচালনা সমিতিক সৈমান কৰাইছিল। অধ্যক্ষ ৰিচ ছ'ৰকিন চিইঅ'ৰ পদতো আছিল। মাস্কৰ চিইঅ' হোৱাৰ প্ৰচেষ্টা ব'ৰ্ডে বিফল কৰিছিল। ১৯৯৯ চনৰ ফেব্ৰুৱাৰী মাহত কম্পেকে 'জিপ২'ক নগদ ৩০৭ মিলিয়ন ডলাৰত অধিগ্ৰহণ কৰে, আৰু মাস্কে তেওঁৰ ৭ শতাংশ শ্বেয়াৰৰ বাবে ২২ মিলিয়ন ডলাৰ লাভ কৰে। এক্স.কম আৰু পেইপল ১৯৯৯ চনত মাস্কে এক্স.কম নামৰ এটা অনলাইন বিত্তীয় সেৱা আৰু ই-মেইলযোগে ধন পৰিশোধ কৰা কোম্পানী সহ-প্ৰতিষ্ঠা কৰিছিল। ষ্টাৰ্টআপটো আছিল সংঘীয়ভাৱে বীমাকৃত প্ৰাৰম্ভিক অনলাইন বেংকসমূহৰ ভিতৰত অন্যতম। ইয়াৰ কাৰ্য্যকলাপ আৰম্ভ হোৱাৰ প্ৰাৰম্ভিক মাহকেইটাত ২ লাখতকৈ অধিক গ্ৰাহকে এই সেৱাত যোগদান কৰিছিল। কোম্পানীটোৰ বিনিয়োগকাৰীসকলে মাস্কক অনভিজ্ঞ বুলি গণ্য কৰিছিল আৰু বছৰৰ শেষলৈকে তেওঁৰ ঠাইত ইনটুইটৰ চিইঅ' বিল হেৰিছক নিযুক্তি দিছিল। পিছৰ বছৰত প্ৰতিযোগিতাৰ পৰা হাত সাৰিবলৈ এক্স.কমে অনলাইন বেংক কনফিনিটিৰ সৈতে একত্ৰিত হয়। মেক্স লেভচিন আৰু পিটাৰ থিয়েলে প্ৰতিষ্ঠা কৰা কনফিনিটিৰ নিজা ধন স্থানান্তৰ সেৱা 'পেইপল' আছিল, যিটো এক্স.কমৰ সেৱাতকৈ অধিক জনপ্ৰিয় আছিল। একত্ৰিত কোম্পানীটোলৈ মাস্ক্ চিইঅ’ হিচাপে ঘূৰি আহে। মাস্কে ইউনিক্সতকৈ মাইক্ৰ'ছফ্ট চফ্টৱেৰক পছন্দ কৰাৰ বাবে কোম্পানীটোত বিভাজনৰ সৃষ্টি হয় আৰু থিয়েলে পদত্যাগ কৰে। ফলস্বৰূপে প্ৰযুক্তিগত সমস্যা আৰু এক সংহত ব্যৱসায়িক আৰ্হিৰ অভাৱত ব'ৰ্ডে মাস্কক বহিষ্কাৰ কৰে আৰু ২০০০ চনৰ ছেপ্টেম্বৰ মাহত তেওঁৰ ঠাইত থিয়েলক নিযুক্তি দিয়ে। থিয়েলৰ অধীনত কোম্পানীটোৱে পেইপল সেৱাত মনোনিৱেশ কৰে আৰু ২০০১ চনত পেইপলৰ নাম সলনি কৰে। ২০০২ চনত ইবে'য়ে পেইপলক ১.৫ বিলিয়ন ডলাৰৰ ষ্টকত অধিগ্ৰহণ কৰে। ১১.৭২% শ্বেয়াৰেৰে সৈতে সৰ্ববৃহৎ অংশীদাৰী হিচাপে মাস্কে ইয়াৰ পৰা ১৭৫.৮ মিলিয়ন ডলাৰ লাভ কৰে। ২০১৭ চনত মাস্কে পেইপলৰ পৰা এক অজ্ঞাত পৰিমাণৰ ধনৰ বিনিময়ত ডমেইনটো ক্ৰয় কৰিছিল। ইয়াৰ আঁৰৰ কাৰণ হিচাপে মাস্কে ডমেইনটোৰ লগত আৱেগ জড়িত হৈ থকা বুলি কৈছিল। স্পেচএক্স্ ২০০১ চনত মাস্কে অলাভজনক 'মংগলগ্ৰহ সমাজ'ৰ (মাৰ্চ চ'ছাইটি) সৈতে জড়িত হৈ পৰিছিল। মংগল গ্ৰহত উদ্ভিদৰ বাবে এটা বৃদ্ধি-কক্ষ স্থাপনৰ পৰিকল্পনাৰ পৰা তেওঁ অনুপ্ৰাণিত হৈছিল আৰু নিজেই প্ৰকল্পটোৰ বাবে ধন আগবঢ়োৱাৰ বিষয়ে আলোচনা কৰিছিল। ২০০১ চনৰ অক্টোবৰ মাহত মাস্কে জিম কেণ্ট্ৰেল আৰু মাইক গ্ৰীফিনৰ সৈতে মস্কোলৈ গৈ নৱীকৃত আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল (আইচিবিএম) ক্ৰয় কৰে যিয়ে সেউজ গৃহৰ যন্ত্ৰভাৰসমূহ (পে'লোড) মহাকাশলৈ পঠিয়াব পাৰে। তেওঁ এন পি অ’ লাভ’চকিন আৰু কছমোট্ৰাছ নামৰ কোম্পানীকেইটা সাক্ষাৎ কৰে। কিন্তু মাস্কক দেখিবলৈ এজন ন-শিকাৰু যেন লাগিছিল আৰু ৰাছিয়াৰ এজন মুখ্য ডিজাইনাৰে আনকি তেওঁক থু পেলাইছিল। দলটো খালী হাতে আমেৰিকালৈ উভতি আহিল। ২০০২ চনৰ ফেব্ৰুৱাৰী মাহত দলটোৱে তিনিটা আইচিবিএম বিচাৰি ৰাছিয়ালৈ উভতি যায়। কচমোট্ৰাছৰ সৈতে তেওঁলোকৰ আন এখন বৈঠক হৈছিল আৰু তেওঁলোকক ৮০ লাখ ডলাৰত এটা ৰকেটৰ প্ৰস্তাৱ দিয়া হৈছিল, যিটো মাস্কে নাকচ কৰিছিল। মাস্কে ইয়াৰ পৰিৱৰ্তে এটা কোম্পানী আৰম্ভ কৰাৰ সিদ্ধান্ত লয় যিয়ে সুলভ মূল্যৰ ৰকেট নিৰ্মাণ কৰিব পাৰে। পূৰ্বৰ ব্যৱসায়িক লাভৰ পৰা ১০০ মিলিয়ন ডলাৰ খটুৱাই মাস্কে ২০০২ চনৰ মে' মাহত স্পেচ এক্সপ্ল'ৰেচন টেকন'লজিছ কৰ্প'ৰেচন প্ৰতিষ্ঠা কৰে। বাণিজ্যিকভাৱে ইয়াৰ চমু নাম স্পেচএক্স্ ২০২১ চনলৈকে তেওঁ কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া হৈ আছে আৰু মুখ্য অভিযন্তাৰ উপাধিও তেওঁৰ নামত আছে। ২০০৬ চনত স্পেচএক্সে প্ৰথমবাৰৰ বাবে ফেলকন ১ ৰকেট উৎক্ষেপণৰ চেষ্টা কৰে। যদিও ৰকেটটোৱে পৃথিৱীৰ কক্ষপথত উপনীত হ'ব নোৱাৰিলে, সেই বছৰৰ শেষৰ ফালে নাছাই ইয়াক বাণিজ্যিক কক্ষীয় পৰিবহণ সেৱা কাৰ্যসূচীৰ চুক্তি প্ৰদান কৰে। পুনৰ দুটা প্ৰচেষ্টা ব্যৰ্থ হোৱাৰ পিছত, মাস্কৰ ইমানেই মানসিক চাপৰ সৃষ্টি হৈছিল যে তেওঁ "দুঃস্বপ্নৰ পৰা জাগি উঠিছিল, চিঞৰিছিল আৰু শাৰীৰিক বিষত পৰিছিল" বুলি জানিব পৰা গৈছে। স্পেচএক্সে ২০০৮ চনত ফেলকন ১ক কক্ষপথলৈ প্ৰেৰণ কৰাত সফল হয়, যাৰ ফলত ই তেনে কৰিবলৈ সক্ষম হোৱা প্ৰথমখন ব্যক্তিগত তৰল-ইন্ধন ব্যৱহৃত ৰকেট হিচাপে পৰিণত হয়। সেই বছৰৰ শেষৰ ফালে স্পেচএক্সে নাছাৰ পৰা ১৬ বিলিয়ন ডলাৰৰ বাণিজ্যিক পুনৰযোগান সেৱা কাৰ্যসূচীৰ চুক্তি লাভ কৰে। এই চুক্তি আছিল- ২০১১ চনত স্পেচ শ্বাটলে অৱসৰ লোৱাৰ পাছত তাৰ ঠাইত ফেলকন ৯ ৰকেট আৰু ড্ৰেগন মহাকাশযানৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাবলগীয়া ১২ টা উৰণৰ বাবে। ২০১২ চনত ড্ৰেগন বাহনখন আই এছ এছত গৈ উপনীত হয়। কোনো ব্যক্তিগত উদ্যোগৰ জৰিয়তে আই এছ এছলৈ যোৱাৰ উদাহৰণ এয়াই প্ৰথম। পুনৰ ব্যৱহাৰযোগ্য ৰকেটৰ লক্ষ্যৰ দিশত কাম কৰি ২০১৫ চনত স্পেচএক্সে ফেলকন ৯ৰ প্ৰথম পৰ্যায় সফলতাৰে অৱতৰণ কৰে। পিছলৈ ইয়াক এটা স্বশাসিত মহাকাশবন্দৰ ড্ৰ'ন জাহাজত অৱতৰণ কৰা হয়, যিটো এক সাগৰভিত্তিক পুনৰুদ্ধাৰ মঞ্চ। ২০১৮ চনত স্পেচএক্সে ফেলকন হেভি উৎক্ষেপণ কৰে। ইয়াৰ উদ্বোধনী অভিযানত মাস্কৰ ব্যক্তিগত টেছলা ৰ'ডষ্টাৰ বাহনখন নকল যন্ত্ৰভাৰ হিচাপে লৈ গৈছিল। ২০১৭ চনত স্পেচএক্সে ইয়াৰ পৰৱৰ্তী প্ৰজন্মৰ উৎক্ষেপণ বাহন আৰু মহাকাশযান ব্যৱস্থা, বিগ ফেলকন ৰকেট উন্মোচন কৰে, যাৰ নাম পাছলৈ সলনি কৰি ষ্টাৰশ্বিপ ৰখা হয়। ষ্টাৰশ্বিপে স্পেচএক্সৰ পূৰ্বৰ সকলো উৎক্ষেপকৰ ক্ষমতাক একেলগে সমৰ্থন কৰিব। ২০১৮ চনত স্পেচএক্সে ২০২৩ চনৰ পৰিকল্পিত চন্দ্ৰ প্ৰদক্ষিণ অভিযান ঘোষণা কৰে। এই ব্যক্তিগত উৰণৰ নাম ৰখা হৈছিল ডিয়াৰমুন প্ৰজেক্ট। ২০২০ চনত স্পেচএক্সে ডেমো-২ নামৰ ইয়াৰ প্ৰথমখন মানৱবাহী উৰণ অভিযান আৰম্ভ কৰে। ইয়াৰ জৰিয়তে স্পেচএক্স্ এজন ব্যক্তিক কক্ষপথত স্থাপন কৰোৱা আৰু আই এছ এছত মানৱবাহী মহাকাশযান নমোৱা প্ৰথমটো ব্যক্তিগত কোম্পানী হিচাপে পৰিগণিত হয়। ২০১৫ চনত স্পেচএক্সে কৃত্ৰিম উপগ্ৰহযোগে ইণ্টাৰনেট ব্যৱস্থাৰ যোগান ধৰিবলৈ নিম্ন কক্ষীয় কৃত্ৰিম উপগ্ৰহ "ষ্টাৰলিংক নক্ষত্ৰমণ্ডল"ৰ বিকাশ আৰম্ভ কৰিছিল। ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত ইয়াৰ প্ৰথম দুটা আৰ্হি উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিল। ২০১৯ চনৰ মে' মাহত প্ৰথম ৬০টা কাৰ্যক্ষম উপগ্ৰহ উৎক্ষেপণ কৰাৰ লগে লগে নক্ষত্ৰমণ্ডলৰ বৃহৎ অংশ এটা সম্পূৰ্ণ হৈছিল। নক্ষত্ৰমণ্ডলটোৰ চানেকি, নিৰ্মাণ আৰু নিয়োগৰ বাবে দশকজোৰা প্ৰকল্পটোৰ মুঠ ব্যয় স্পেচএক্সে প্ৰায় ১০ বিলিয়ন ডলাৰ হ'ব বুলি অনুমান কৰিছে। জ্যোতিৰ্বিজ্ঞানীসকলে কোম্পানীটোক সমালোচনা কৰি কৈছে যে ষ্টাৰলিংকৰ উপগ্ৰহসমূহে আকাশখন ছানি ধৰিছে, আৰু বিশেষজ্ঞসকলে যুক্তি দিছে যে ইয়াৰ ফলত মহাকাশত সংঘৰ্ষ আৰু বিপদ হোৱাৰ আশংকা আছে। মাস্কে এই সমালোচনাক নাকচ কৰি কৈছে যে উপগ্ৰহৰ কোনো প্ৰভাৱ নপৰে আৰু “মহাকাশ অত্যন্ত বিশাল, আৰু উপগ্ৰহবোৰ অতি ক্ষুদ্ৰ।” ছ'লাৰচিটি মাস্কৰ খুলশালীয়েক লিণ্ডন আৰু পিটাৰ ৰাইভে ২০০৬ চনত যুটীয়াভাৱে ছ'লাৰচিটি প্ৰতিষ্ঠা কৰিছিল। কোম্পানীটোৰ বাবে প্ৰাৰম্ভিক ধাৰণা আৰু বিত্তীয় মূলধন মাস্কে যোগান কৰিছিল। ২০১৩ চনলৈকে ছ'লাৰচিটি আমেৰিকাৰ দ্বিতীয় বৃহত্তম সৌৰশক্তি ব্যৱস্থা প্ৰদানকাৰী কোম্পানী আছিল। ২০১৪ চনত মাস্কে নিউয়ৰ্কৰ বাফেলোত ছ'লাৰচিটিৰ এটা উন্নত উৎপাদন কেন্দ্ৰ নিৰ্মাণৰ ধাৰণাটো প্ৰচাৰ কৰে, যিটো আমেৰিকাৰ সৰ্ববৃহৎ সৌৰ প্ৰকল্পৰ আকাৰৰ তিনিগুণ। ২০১৪ চনত এই কাৰখানাটোৰ নিৰ্মাণৰ কাম আৰম্ভ হয় আৰু ২০১৭ চনত সম্পূৰ্ণ হয়। ২০২০ চনৰ আৰম্ভণিলৈকে ই পেনাচনিকৰ সৈতে যৌথ উদ্যোগ হিচাপে কাম কৰিছিল। ২০১৬ চনত টেছলাই ২ বিলিয়ন ডলাৰতকৈ অধিক মূল্যত ছ’লাৰচিটিক অধিগ্ৰহণ কৰিছিল আৰু 'টেছলা এনাৰ্জী' সৃষ্টি কৰিবলৈ ইয়াক বেটাৰী শক্তি সংৰক্ষণ সামগ্ৰী বিভাগৰ সৈতে একত্ৰিত কৰিছিল। দ্য ব'ৰিং কোম্পানী ২০১৬ চনত মাস্কে সুৰংগ নিৰ্মাণৰ বাবে দ্য বৰিং কোম্পানী প্ৰতিষ্ঠা কৰে। ২০১৭ চনৰ আৰম্ভণিতে কোম্পানীটোৱে নিয়ন্ত্ৰণকাৰী সংস্থাসমূহৰ সৈতে আলোচনা আৰম্ভ কৰে আৰু স্পেচএক্সৰ চৌহদত ৩০ ফুট (৯.১ মিটাৰ) বহল, ৫০ ফুট (১৫ মিটাৰ) দীঘল, আৰু ১৫ ফুট (৪.৬ মিটাৰ) গভীৰ "পৰীক্ষামূলক খাদ" নিৰ্মাণৰ কাম আৰম্ভ কৰে। কাৰণ স্পেচএক্সৰ কাৰ্যালয়সমূহৰ বাবে কোনো অনুমতি পত্ৰৰ প্ৰয়োজন নাছিল। ২০২১ চনৰ আৰম্ভণিতে লাছ ভেগাছ কনভেনচন চেণ্টাৰৰ তলৰ এটা সুৰংগ নিৰ্মাণ সম্পূৰ্ণ কৰা হয়। স্থানীয় বিষয়াসকলে সুৰংগ ব্যৱস্থাটোৰ অধিক সম্প্ৰসাৰণৰ বাবে অনুমোদন জনাইছে। বিপণন আৰু প্ৰচাৰৰ উদ্দেশ্যে ২০১৮ চনত দ্য বৰিং কোম্পানীয়ে ২০০০ টা অভিনৱ ফ্লেমথ্ৰ'ৱাৰ (জুইৰে আক্ৰমণ কৰা অস্ত্ৰ) বিক্ৰী কৰে। এই ধাৰণাটো, আৰু সামগ্ৰিকভাৱে ফ্লেমথ্ৰ’ৱাৰৰ ধাৰণাটোৰ প্ৰতি তেওঁৰ আকৰ্ষণ মেল ব্ৰুকছৰ পৰিচালনাত নিৰ্মিত স্পেচবলছ্ (১৯৮৭) ছবিখনৰ পৰা অনুপ্ৰাণিত হৈছিল। ব্যক্তিগত জীৱন একবিংশ শতিকাৰ প্ৰথমটো দশকৰ আৰম্ভণিৰে পৰা ২০২০ চনৰ শেষলৈকে মাস্কে কেলিফৰ্ণিয়াত বাস কৰিছিল, য'ত টেছলা আৰু স্পেচএক্স প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়াও তাত তেওঁলোকৰ মুখ্য কাৰ্যালয় অৱস্থিত। ২০২০ চনত তেওঁ টেক্সাছলৈ গুচি যায়। তেওঁ কয় যে কেলিফৰ্ণিয়াই ইয়াৰ অৰ্থনৈতিক সফলতাৰ সৈতে "আত্মসন্তুষ্টি" লভিবলৈ লৈছে। ২০২১ চনৰ মে' মাহত চেটাৰ্ডে নাইট লাইভ আয়োজন কৰাৰ সময়ত মাস্কে কয় যে তেওঁৰ এছপাৰগাৰ চিনড্ৰম (স্বপ্নবিভোৰতাত ভুগি থকা এবিধ ৰোগ) আছে। বিবিচিয়ে লিখিছিল, "মিষ্টাৰ মাস্কে তেওঁৰ এই অৱস্থাৰ বিষয়ে এয়াই হয়তো প্ৰথমবাৰ কৈছে।" বিবাহ, সম্পৰ্ক, আৰু সন্তান কুইনছ্ বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত মাস্কে তেওঁৰ প্ৰথম পত্নী জাষ্টিন উইলছনক লগ পায় আৰু ২০০০ চনত তেওঁলোকৰ বিয়া হয়। জাষ্টিন এগৰাকী কানাডিয়ান। ২০০০ চনত দক্ষিণ আফ্ৰিকাত ছুটীত থকাৰ সময়ত তেওঁ মেলেৰিয়াত আক্ৰান্ত হৈছিল আৰু প্ৰায় মৃত্যুমুখত পৰিছিল। ২০০২ চনত তেওঁলোকৰ প্ৰথম সন্তানৰ মাত্ৰ ১০ সপ্তাহ বয়সত আকস্মিক শিশু মৃত্যুৰ চিনড্ৰম ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছত দম্পতীহালে পৰিয়ালটোক আগুৱাই নিবলৈ আইভিএফ পদ্ধতি ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লয়। ২০০৪ চনত তেওঁলোকৰ যমজ সন্তান জন্ম হয় আৰু ২০০৬ চনত একেলগে তিনিটা সন্তান জন্ম হয়। ২০০৮ চনত দম্পতীহালৰ বিবাহ বিচ্ছেদ হয় আৰু তেওঁলোকৰ সন্তানক তত্ত্বাৱধানৰ দায়িত্ব ভগাই লয়। ২০২২ চনৰ এপ্ৰিল মাহত তেওঁলোকৰ এজন সন্তানে তেওঁৰ লিংগ পৰিচয় প্ৰতিফলিত কৰিবলৈ, আৰু জৈৱিক পিতৃ মাস্কৰ সৈতে কোনো সম্বন্ধ ৰাখিব নিবিচৰা বাবে তেওঁৰ নাম সলনি কৰিবলৈ অনুৰোধ দাখিল কৰে। ২০০৮ চনত মাস্কে ইংৰাজ অভিনেত্ৰী তালুলা ৰাইলীৰ সৈতে সময় কটাবলৈ আৰম্ভ কৰে। ২০১০ চনৰ ছেপ্টেম্বৰ মাহত স্কটলেণ্ডৰ ডৰ্নক কেথেড্ৰেলত তেওঁলোকৰ বিবাহ সম্পন্ন হয়। ২০১২ চনত তেওঁ ৰাইলীৰ পৰা বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে। ২০১৩ চনত মাস্ক্ আৰু ৰাইলেৰ পুনৰ বিবাহ হয়। ২০১৪ চনৰ ডিচেম্বৰ মাহত তেওঁ ৰাইলীৰ পৰা দ্বিতীয়বাৰৰ বাবে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায়; কিন্তু পিছলৈ এই আৱেদন প্ৰত্যাহাৰ কৰা হয়। ২০১৬ চনত দ্বিতীয়টো বিবাহ বিচ্ছেদ চূড়ান্ত কৰা হয়। তাৰ পিছত মাস্কে ২০১৭ চনত কেইবামাহো এম্বাৰ হাৰ্ডক লগ কৰিবলৈ যায়। তেওঁ ২০১২ চনৰ পৰা এম্বাৰ হাৰ্ডৰ সৈতে লাগি আছিল বুলি খবৰত প্ৰকাশ পাইছে। পিছলৈ জনি ডিপে অভিযোগ উত্থাপন কৰিছিল যে হাৰ্ড জনি ডিপৰ সৈতে বৈবাহিক সম্বন্ধত থকাৰ পিছতো মাস্কে সম্পৰ্ক চলাই ৰাখিছে। মাস্ক আৰু হাৰ্ড- দুয়োৱে এই সম্পৰ্কক অস্বীকাৰ কৰিছিল। ২০১৮ চনত মাস্ক্ আৰু কানাডাৰ সংগীতজ্ঞ গ্ৰাইমছে প্ৰকাশ কৰে যে তেওঁলোকে ৰোমাণ্টিক মিলন চলাই ৰাখিছিল। ২০২০ চনৰ মে' মাহত গ্ৰাইমছে তেওঁলোকৰ পুত্ৰ সন্তান জন্ম দিয়ে। মাস্ক্ আৰু গ্ৰাইমছৰ মতে সন্তানটোৰ নাম আছিল -12"; কিন্তু এই নামটোৱে কেলিফৰ্ণিয়াৰ নিয়ম উলংঘা কৰিলেহেঁতেন কাৰণ ইয়াত আধুনিক ইংৰাজী বৰ্ণমালাত নথকা আখৰ আছিল। তাৰ পিছত ইয়াক লৈ সলনি কৰা হৈছিল। ইয়াৰ ফলত অধিক বিভ্ৰান্তিৰ সৃষ্টি হয়, কিয়নো টো আধুনিক ইংৰাজী বৰ্ণমালাত নথকা এটা আখৰ। অৱশেষত শিশুটিৰ নাম মাস্ক্ হিচাপে চূড়ান্ত কৰা হয়। ইয়াত প্ৰথম নাম মধ্য নাম আৰু উপাধি "মাস্ক্"। মাস্কে ২০২১ চনৰ ছেপ্টেম্বৰ মাহত দম্পতীহাল “অৰ্ধ-বিচ্ছিন্ন” হোৱাৰ বাতৰি নিশ্চিত কৰিছিল। ২০২১ চনৰ ডিচেম্বৰ মাহত টাইমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে তেওঁ অবিবাহিত। ২০২২ চনৰ মাৰ্চ মাহত গ্ৰাইমছে মাস্কৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে কৈছিল: “মই হয়তো তেওঁক মোৰ বয়ফ্ৰেণ্ড্ বুলি ক’ম, কিন্তু আমি অতি পৰিৱৰ্তনশীল।” তেওঁ আৰু প্ৰকাশ কৰে যে তেওঁলোকৰ প্ৰথম কন্যাৰ জন্ম ২০২১ চনৰ ডিচেম্বৰ মাহত ভেৰোনীয়া মাতৃৰ জৰিয়তে হৈছিল। সেই মাহৰ শেষৰ ফালে গ্ৰাইমছে টুইট কৰি কয় যে তেওঁ আৰু মাস্কৰ মাজত পুনৰ বিচ্ছেদ ঘটিছে- “কিন্তু তেওঁ মোৰ শ্ৰেষ্ঠ বন্ধু আৰু মোৰ জীৱনৰ প্ৰেম”। তথ্য সূত্ৰ বাহ্যিক সংযোগ ৰয়েল ছ'ছাইটিৰ সদস্য জীৱিত ব্যক্তি দক্ষিণ আফ্ৰিকাৰ ব্যক্তি কানাডাৰ ব্যক্তি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি ব্যৱসায়ী
42265
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%95%E0%A7%8D%E0%A6%B8%E0%A6%BE%E0%A6%B2
নক্সাল
নক্সাল আন্দোলন, এটি কমিউনিষ্ট আন্দোলনৰ নাম। বিংশ শতাব্দীৰ সপ্তম দশকত পশ্চিমবঙ্গৰ নকশালবাড়ি পৰা আৰম্ভ হয় লাহে লাহে ভাৰতৰ ছত্তীছগঢ় (তদানীন্তন মধ্য প্ৰদেশ) আৰু অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন অঞ্চলত বিয়পি পৰে। ক্ৰমে এইটো এটি সন্ত্ৰাসবাদী আন্দোলনৰ ৰূপ লৈছিল। নক্সাল বা নক্সালবাদী কলে উগ্ৰ বামপন্থী দলবোৰক বুজোৱা হয়। এই দলৰ জন্ম হৈছিল চিন-ছোভিয়েত ভাঙনৰ সময়ত। মতাদৰ্শগত ভাবে এওঁলোক মাও জেদংৰ পদাঙ্ক অনুসৰণকাৰী। নক্সাল আন্দোলন আৰম্ভ হৈছিল ভাৰতৰ পশ্চিমবঙ্গত। লাহে লাহে ভাৰতৰ অনুন্নত অঞ্চলসমূহত যেনে: ছত্তীছগঢ়, অন্ধ্ৰপ্ৰদেশ ইত্যাদি ৰাজ্যৰ প্ৰান্তিক এলাকাসমূহত বিয়পি পৰে। এওঁলোক মাৰ্ক্সবাদী তথা লেনিনবাদত বিশ্বাসী এওঁলোক ২০০৪ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাওবাদী) নামৰ দল প্ৰতিষ্ঠা কৰে আৰু নিজৰ কাৰ্যকলাপ প্ৰসাৰিত কৰে। ভাৰতৰ প্ৰায় ৪০% অঞ্চলত তেওঁলোকৰ কাৰ্যক্ৰম বাঢ়িব ধৰে, বিশেষ কৰি "ৰেড কৰিডোৰ' অঞ্চলত প্ৰায় ৯২,০০০ বৰ্গ কিলোমিটাৰ এলাকা জুৰি তেওঁলোকৰ তৎপৰতা চলিব ধৰে। ভাৰতৰ চৰকাৰী চোৰাংচোৱা সংস্থা ৰিছাৰ্চ এণ্ড এনালাইছিছ ৱিং )-ৰ অনুসৰি প্ৰায় ২০,০০০ মাওবাদী সক্ৰিয় ভাবে কাৰ্যক্ৰমত যুক্ত আছে। তেওঁলোকৰ ক্ৰমবৰ্ধমান প্ৰভাবত শঙ্কিত হয় তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে কৈছিল যে মাওবাদী ভাৰতৰ অভ্যন্তৰীণ নিৰাপত্তাৰ বিৰুদ্ধে অত্যন্ত বিপদজনক। পৰিসংখ্যা ২০০৬ চনত ভাৰতীয় চোৰাংচোৱা সংস্থা ৰিছাৰ্চ এণ্ড এনালাইছিছ ৱিঙে প্ৰকাশ কৰিলে যে ৫০০০০ স্থায়ী কেডাৰৰ উপৰিও ২০০০০ সশস্ত্ৰ কেডাৰ নক্সাল কৰ্মৰত। প্ৰধান মন্ত্ৰী মনমোহন সিঙে নক্সালক ভাৰতৰ সৰ্ববৃহৎ আন্তৰিক ভাবুকি ঘোষণা কৰিলে। নক্সাল আৰু আন চৰকাৰ বিৰোধী সশস্ত্ৰ গোটতসমূহক প্ৰায় 'আল্ট্ৰাজ' আখ্যা দিয়া হয়। চিপিআই (মাওবাদী) আৰু কিছু নক্সালপন্থী দলক ভাৰত চৰকাৰে সন্ত্ৰাসবাদী সংগঠন হিচাপে বিবেচনা কৰে। ২০০৯ চনৰ ফেব্ৰুৱাৰীত ভাৰত চৰকাৰে নক্সালবাদী নিৰ্মূলৰ বাবে চৰকাৰৰ পৰিকল্পনা ঘোষণা কৰে। উগ্ৰবামপন্থী আক্ৰান্ত অঞ্চল ছত্তিছগড়়, উড়িষ্যা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, বিহাৰ, উত্তৰপ্ৰদেশ আৰু পশ্চিমবঙ্গত, সিহঁতৰ পলায়নৰ সকলো ৰাস্তা বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছিল। ইতিহাস নক্সাল শব্দটি আহিছে ভাৰতৰ পশ্চিমবঙ্গৰ এখন সৰু গাওঁ নকশালবাড়িৰ পৰা। ইয়াতে ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)-ৰ একাংশই ১৯৬৭ চনত সিহঁতৰ নেতৃবৃন্দৰ বিৰোধিতা কৰি ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী) এটি পৃথক উগ্ৰ বামপন্থী দল গঠন কৰে। এই বিপ্লবী দলৰ নেতৃত্বে দিছিল চাৰু মজুমদাৰ আৰু কানু স্যানাল। এই বিদ্ৰোহৰ সূচনা হৈছিল ১৯৬৭ চনৰ ২৫ মে তাৰিখে। তেতিয়া নকশালবাড়ি গাঁৱৰ কৃষকৰ ওপৰত স্থানীয়় ভূস্বামীৰ ভাৰাতীয়া গুণ্ডাৰ সহায়ত অত্যাচাৰ কৰিছিল। তেতিয়া এই কৃষকে ভূ-স্বামী সকলোক তাৰপৰা উৎখাত কৰে। নকশালবাড়ি গাঁৱৰ পৰা আৰম্ভ হোৱা এই আন্দোলনক নক্সালীষ্ট বা মাওইষ্ট বুলি কোৱা হয়। নকশালবাড়ি গাঁৱত আচলতে হৈছিল কি? উচ্চবৰ্ণ হিন্দুৰ হাতত আগতে মাটিৰ মালিকী চৰ্ত আছিল। উচ্চবৰ্ণ হিন্দুই নাঙল ধৰিব নাপাই এই আছিল আগৰ সমাজ ব্যৱস্থা। সেইবাবে উচ্চবৰ্ণ হিন্দুৰ মাটিত নিম্ন বৰ্ণ হিন্দুক খেতি কৰিব দিছিল ৯০-১০ অংশ হিচাপে। ৯০ শতাংশ উচ্চবৰ্ণ হিন্দুৰ বাবে ১০ শতাংশ নিম্ন বৰ্ণ শ্ৰেণীৰ বাবে, খায়ে থায়ে তাৰে কিছু সংখ্যক মুছলমান লোকো আছিল। আগতে উচ্চবৰ্ণ হিন্দু সকলে নিজকে ভু-স্বামী কৈছিল। ভু মানে মাটি স্বামী মানে গৰাকী। ১৯৬৭ চনত পশ্চিমবঙ্গত দুৰ্ভিক্ষই দেখা দিয়ে কিন্তু মালিক গোষ্ঠীৰ তাগিদাত কৃষক সকলে অতিষ্ঠ হয়। তাৰে ফল হিচাপে নকশালবাড়ি গাঁৱৰ কৃষক সকলে আন্দোলন আৰম্ভ কৰে। আন্দোলনৰ নাম আছিল "মাটি খেতিয়কৰ" অসমতো এই আন্দোলনৰ আংশিক প্ৰভাব দেখা দিয়ে, "নাঙল যাৰ মাটি তাৰ"। এই আন্দোলনৰ প্ৰথমতো বিক্ষিপ্ত ঘটনা সংঘটিত হয় বেঙ্গাই জ্যোতি গাৱত ২৫মে ১৯৬৭ চনত। এই দিনাই আৰক্ষীৰ গুলিত ৯জন খেতিয়ক আৰু দুজন শিশুৰ মৃত্যু হয় আৰু কেইবাজন আহত হয়। সেইসময়ত 'নকশালবাড়ি গাঁৱৰ অকলে এই দৃশ্য নাছিল ভাৰতৰ প্ৰায় সকলো দুখীয়া নিম্ন শ্ৰেণী খেতিয়কৰ জীৱন একে আছিল। এই আন্দোলনৰ ফলত ভাৰত চৰকাৰে চিলিঙ আইন প্ৰবৰ্তন কৰে। ১৯৬৬ চনত নক্সালবাদী আন্দোলনৰ প্ৰথম বুনিয়াদ ৰখা হয়, ১৯৬৫-৬৬ চনত চিলিগুৰি সংগঠনৰ, নতুনকৈ গঠিত চি পি আই (এম), চক্ৰলেখন পদ্ধতিৰে লিখিত তেওঁলোকৰ প্ৰচাৰ পত্ৰিকাৰ দ্বাৰা সশস্ত্ৰ সংগ্ৰামৰ আহ্বান কৰে। এই লিফলেট এটা আহ্বান দিছিল ছয় মাহৰ ভিতৰত সেই অঞ্চলৰ দলীয় যুদ্ধ-বিগ্ৰহ আৰম্ভ কৰাৰ বাবে। ১৯৬৬ চনত সৰ্বত্ৰ বিপ্লবীসকলে শিলিগুড়ি মহকুমাৰ প্ৰতিটি অংশত কৃষক কোষ কৰে, তীৰ ধনু আৰু কিছুসংখ্যক ৰাইফল সংগ্ৰহ কৰে আৰু নেপালৰ সক্ৰিয় মাওবাদীৰ লগত যোগাযোগ প্ৰতিষ্ঠা কৰে, যি মাত্ৰ কেই মাইল মান দূৰত্বত। ১৯৬৬ চনৰ শেষৰ ফালে বিপ্লবী কৃষাণ সভা শিলিগুড়ি আয়োজন কৰা হয়। ৩ মাৰ্চ, ১৯৬৭ চনত সংগ্ৰামৰ বীজ অঙ্কুৰিত হব আৰম্ভ কৰে। কৃষকৰ এটা দলে নকশালবাড়ি অঞ্চলত ব্যাপী পৰে আৰু লাল পতাকা দি মাটিৰ সীমা চিহ্নিত কৰে, আৰু খেতি কৰিবলৈ আৰম্ভ কৰে। ১৮ মাৰ্চৰ সন্মিলনত কৃষকৰ অভ্যুত্থানৰ সংকেত আছিল, এই সন্মিলনে চৰি মাহ ধৰি গতেই অঞ্চলক গ্ৰাস কৰিছিল। পশ্চিমবঙ্গৰ ইউ এফ চৰকাৰে এই আন্দোলনক নিয়ন্ত্ৰণ আৰু নীৰস্ত্ৰ কৰিবলৈ ভূমিসংস্কাৰ ঘোষণা কৰে। বিপ্লবী কৃষক সকলে সংশোধনবাদী শাসকক উত্তৰ দিলে যে কৃষক সমিতি পাতি ভূস্বামীৰ মাটি বোৰ সমিতিৰ মাজত ভগাই দিবলৈ। কৃষাণ কমিটি সদস্যৰ দ্বাৰা বিশাল মিছিল, বিক্ষোভ সংঘটিত হৈছিল, তাৰে বহুতে লাঠি অস্ত্ৰ-শস্ত্ৰও ব্যৱহাৰ কৰে। লাল পতাকাৰ সমুদ্ৰত আৰু শ্লোগানত তাৰে ভূস্বামী সকল সন্ত্ৰাসিত হৈ পৰে। মাৰ্চ মাহৰ কৃষকৰ আন্দোলনে গতি লাভ কৰিব ধৰে। প্ৰথম সংঘৰ্ষ আৰম্ভ হৈছিল যেতিয়া এটি আধী খোৱা কৃষক এজনক, এটি স্থানীয়় ভূস্বামী সশস্ত্ৰ এজেণ্টৰ দ্বাৰা প্ৰহাৰ হৈছিল। এই হিংসাৰ ফলত সশস্ত্ৰ কৃষক সংগঠনে ভূস্বামীৰ শস্য আৰু শস্য পথাৰ সমূহ অধিগ্ৰহণ কৰে। ভূস্বামীৰ আৰু সশস্ত্ৰ এজেণ্টেও প্ৰতিৰোধ কৰিব নোৱাৰিলে, সশস্ত্ৰ কৃষক সংগঠনে ইয়াৰে কিছু সংখ্যকক হত্যা কৰে। মে মাহৰ শেষৰ ফালে এই আন্দোলনে ভয়ানক ৰূপ ধাৰণ কৰে। চি পি আই (এম) নেতা যি চৰকাৰত আছিল তেওঁলোকে কৃষক নেতা সকলোক শান্ত কৰিবলৈ চেষ্টা কৰে, কিন্তু সফল বহ নোৱাৰে, তেতিয়া, জ্যোতি বসু পশ্চিমবঙ্গৰ গৃহমন্ত্ৰীয়ে, পুলিচক এই আন্দোলন নিয়ন্ত্ৰণ কৰিবলৈ আদেশ কৰে। ২৩ মে তাৰিখে কৃষক নেতা সকলে ঝাহৰুগাঁৱত এজন পুলিচ বিষয়াক হত্যা কৰে। ইয়াৰ ফলত পুলিচ বিষয়া সকল উত্তেজিত হৈ আৰু মে ২৫ তাৰিখে পুলিচৰ এটা দলে নকশালবাড়িৰ ৯ গৰাকী মহিলা আৰু শিশুক হত্যা কৰে। জুন মাহত এই আন্দোলনে ভয়ঙ্কৰ ৰূপ লয় বিশেষ কৈ নকশালবাড়ি, খয়ৰাবাৰি ফাহনচিদেৱাত। তালাচী অভিযানত সিহঁতৰ ঘৰৰ পৰা বহুত গোলাবাৰুদ উদ্ধাৰ কৰা হয়। ৰাজহুৱা আদালত স্থাপন কৰে আৰু তাতে দণ্ডাজ্ঞা দিয়া হয়। এই উত্থান গাওঁসমূহত জুলাই পৰ্যন্ত অব্যাহত থাকে। চাহ শ্ৰমিক সকলেও কৃষকৰ সমৰ্থনত তেওঁলোকে কাম বৰ্জন কৰে। জুলাই মাহৰ ১৯ তাৰিখে চৰকাৰে এই অঞ্চলত সৈন্য বাহিনী নিয়োগ কৰে, আৰু হাজাৰ হাজাৰ কৃষক নেতাক নিৰ্মম ভাতে প্ৰহাৰ কৰে লগতে গ্ৰেফটাৰ কৰে। কিছু নেতা জেনে জাঙ্গাল চানতাল দৰে কিছু নেতাক গ্ৰেপ্তাৰ কৰা হয়, চাৰূ মজুমদাৰ দৰে অন্য নেতা, আত্মগোপন কৰে। আৰু ত্ৰীবেহনী কানু, চোবহান, আলী গোৰ্খা মাঝি আৰু তিল্কা মাঝিৰ দৰে অন্য শ্বহীদ' হয়। চাৰু মজুমদাৰ চীনৰ কমিউনিষ্ট পাৰ্টিৰ নেতা মাও সে তুং ৰ অনুসৰণকাৰী আছিল। তেখেতে ভাবিছিল ভাৰতৰ কৃষক আৰু গৰিব মানুহে মাও সে তুং এৰ পদাঙ্ক অনুসৰণ কৰি শত্ৰুশ্ৰেণীক চিহ্নিত কৰি সিহঁতৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম কৰাৰ প্ৰয়োজন, নহ’লে সিহঁতে সৰ্বহাৰা কৃষক আৰু শ্ৰমিকক শোষণ কৰিব। তাৰ বাবে তেখেতৰ লিখনিৰ দাৰা 'নকশালবাড়ি আন্দোলনক সকলো পিনে বিয়পাই দিছিল। তেখেতৰ বিখ্যাত ৰচনা হল "হিষ্টৰীক এইট ডকুমেণ্টছ", যি নক্সাল মতাদৰ্শৰ ভিত্তি ৰচনা কৰে। পৰবৰ্তী সময়ত তেখেত চি পি(এম) দল ত্যাগ কৰি "অল ইণ্ডিয়া কমিটি অব কমিউনিষ্ট ৰেভুলছনাৰী" (এ আই চি চি চি আৰ) গঠন কৰে। ১৯৬৯ চনত এ আই চি চি চি আৰ পৰা জন্ম লৈ কমিউনিষ্ট পাৰ্টি অব ইণ্ডিয়া (মাৰ্ক্সবাদী-লেনিনবাদী)। বাস্তৱত সকলো নক্সালবাদী দলৰে জন্ম হৈছে চি পি আই (এম এল) পৰা। তেতিয়া "মাওবাদী কমিউনিষ্ট ছেণ্টাৰ" নামৰ এটি ভিন্ন মতাদৰ্শৰ দল আছিল, সিহঁতৰ উদ্ভৱ হৈছিল "দক্ষণদেশ গ্ৰুপ" নামৰ এটি সংগঠন পৰা। পৰবৰ্তী সময়ত তাহাঁতে "পিপলচ ৱাৰ গ্ৰুপ" ৰ লগত যুক্ত হয় "কমিউনিষ্ট পাৰ্টি অব ইণ্ডিয়া" (মাওবাদী) গঠন কৰে। আৰু এপিনে ভিন্ন মতাদৰ্শৰ আৰু এটি দল হল "অন্ধ্ৰ ৰেভুলিউছনাৰী কমিউনিষ্ট" আৰু "টি. নাগি ৰেড্ডি"-ৰ "মাচ লাইন" মতবাদৰ অনুৰাগী আছিল। ১৯৭০ চনৰ পিনে এই আন্দোলনৰ অন্তৰ্দ্বন্দ্বৰ কাৰণে বহুতো বিৰোধী অংশত বিভক্ত হয় পৰে। ১৯৮০ চনৰ পিনে প্ৰায় ৩০ টি নক্সালবাদী দল সক্ৰিয়় আছিল আৰু তেওঁলোকৰ জনবল আছিল প্ৰায় ৩০,০০০। ২০০৪ চনত ভাৰতৰ গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা হিচাপ মতে প্ৰায় ৯৩০০ নক্সালবাদী সদস্য সক্ৰিয় আছে আৰু সিহঁতৰ লগত প্ৰায় ৬৫০০ অবৈধ অত্যাধুনিক অস্ত্ৰ আছিল আৰু লগতে সিহঁতৰ দেশী অস্ত্ৰ তো আছেই। (২০০৬) এই মতে সাম্প্ৰতিক সময়ত নক্সালবাদী সদস্য সংখ্যা প্ৰায় ১৫,০০০ আৰু সিহঁতে ভাৰতৰ বনভূমিৰ প্ৰায় এক পঞ্চামংশ নিয়ন্ত্ৰণ কৰে। সিহঁতে সিহঁতৰ কৰ্মকাণ্ড ভাৰতৰ ৬০৪খন জিলাৰ ভিতৰত ১৬০খন জিলাত বিস্তাৰ কৰিছিল (২০০৬ৰ হিচাপ অনুসৰি)। ইতিহাস বিশ্লেষণ কৰিলে দেখা যাব ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ সংশোধনবাদী চৰিত্ৰৰ বাবে তেলেঙ্গানাৰ সংগ্ৰামক নেহেৰুৰ ভৰিৰ তলত বিক্ৰী কৰি দিয়া হৈছিল। বিপৰীতে নকশালবাড়ি কমিউনিষ্ট আন্দোলনৰ সংৰচনা ওপৰত আঘাত কৰি উপমহাদেশৰ বিপ্লবী সকলক নিজস্ব দল গঠনৰ পথ উন্মুক্ত কৰি দিয়ে। তেলেঙ্গানা সংগ্ৰামী সকলে সংশোধনবাদৰ ওচৰত আত্মসমৰ্পণ কৰিছিল, কিন্তু নকশালবাড়ি সংগ্ৰামী সকলে কৰা নাছিল। বৰ্তমানে কিছু নক্সালবাদী দল ভাৰতৰ মূলধাৰাৰ ৰাজনীতিত যুক্ত হয় নিৰ্বাচনত অংশ কৰিছে, যেনে: চিপিআই (এম এল) লিবাৰেশন। বাংলা বিপ্লৱ নকশাল আন্দোলন কলকাতাৰ ছাত্ৰ সংগঠন সমূহৰ ব্যাপক সমৰ্থন পাইছিল। ছাত্ৰ সকলৰ এটা ডাঙৰ অংশই লেখা পঢ়া এৰি বিপ্লবৰ কাৰ্যসূচীত অংশ কৰিছিল। বিশেষ ভাবে নামকৰা স্কুল কলেজ বিশ্ববিদ্যালয়ৰ মেধাবী ছাত্ৰ প্ৰভাৱিত হৈছিল এই আন্দোলনত। চাৰু মজুমদাৰ কৈছিল বিপ্লবী কাৰ্যক্ৰম মাত্ৰ গ্ৰামাঞ্চলত চলিলে নহ’ব, বৰং এই আন্দোলন সৰ্বত্ৰ বিয়পিব দিব লাগিব। তেখেতে বিপ্লবী সকলক আদেশ দিছিল, সমাজত থকা শ্ৰেণী বিভাজন শেষ কৰি এখন নতুন সমাজ গঢ়িব। এই শ্ৰেণীৰ মাজত আছিল, ভুস্বামী, বিশ্ববিদ্যালয়ৰ শিক্ষক, পুলিচ অফিচাৰ, আৰু ৰাজনীতিবিদ আৰু বহুত। সেই সময়ৰ কলকাতাৰ সকলো স্কুল বন্ধ হয় গৈছিল। নক্সালপন্থী ছাত্ৰই যাদৱপুৰ বিশ্ববিদ্যালয় দখল কৰি পুলিচৰ লগত যুঁজিবৰ বাবে আগ্নেয়াস্ত্ৰ নিৰ্মাণ কৰিছিল। প্ৰেছেডেঞ্চী কলেজ আছিল তেওঁলোকৰ সদৰ কাৰ্যালয়। তেওঁলোকে যাদৱপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ গোপাল সেনক হত্যাৰ পৰিকল্পনা কৰিছিল। নক্সালপন্থী সকলে বহু কম সময়ত মধ্য ভাৰতৰ শিক্ষিত সমাজৰ ব্যাপক সমৰ্থন পাইছিল। দিল্লীৰ "ছেণ্ট ষ্টিফেনচ কলেজ" তেওঁলোকৰ বিচৰণ ক্ষেত্ৰ হৈছিল। ইয়াৰফলত চৰকাৰে নক্সাল আন্দোলনক কঠোৰ হাতেৰে দমন কৰিবলৈ সিদ্ধান্ত লয়। তৎকালীন মুখ্যমন্ত্ৰী সিদ্ধাৰ্থ শঙ্কৰ ৰায়, নক্সালপন্থীৰ ওপৰত প্ৰতি-আক্ৰমণৰ নিৰ্দেশ দিয়ে। পুলিছক কিছু মানৱতা বিৰোধী ক্ষমতা দিয়া হৈছিল। ইয়াৰ মাজত আছিল নিৰ্বিচাৰে হত্যা আৰু বিনাকাৰণত যি কোনো ব্যক্তিক বন্দী কৰাৰ ক্ষমতা। লক-আপ হত্যা, জেল বন্দী হত্যা আৰু ভুৱা সংঘৰ্ষ দ্বাৰা পুলিছে বিভিন্ন সময়ত নক্সালপন্থী সকলোক হত্যা কৰিছিল। এক মাহৰ ভিতৰত চৰকাৰে নকশাল আন্দোলন দমন কৰিছিল। ভাৰত চৰকাৰ আৰু পুলিছৰ মনোভাব আছিল "নক্সাল আন্দোলনক শক্তি হাতেৰে দমন কৰাৰ বাহিৰে বেলেগ কোনো উপায় নাই"। চৰকাৰে ভালদৰে বুজিছিল ভাৰতৰ জনগণৰ মনোভাব, দেশ এতিয়া চৰমপন্থী সকলৰ লগত গৃহযুদ্ধত নামিছে, আৰু গণতন্ত্ৰত যুদ্ধৰ কোনো স্থান নাই। চৰমপন্থী সকলোৰ কাষত গণতন্ত্ৰ মূল্যহীন, ইয়াৰ ফলত ৰাইজৰ মাজত চৰমপন্থী সকলোৰ ভাৱমূৰ্ত্তি ম্লান হ’বলৈ ধৰে, আৰু ৰাইজে চৰমপন্থী সকলোক সহায় কৰিবলৈ এৰি দিয়ে। আৰু ইয়াৰ উপৰি চৰমপন্থী সকলৰ অন্তকন্দলৰ ফলত আন্দোলন চেদেলী-ভেদেলী হয় পৰে। দলৰ এটি ডাঙৰ অংশই চাৰু মজুমদাৰৰ নিৰ্দেশটিত পথৰ গ্ৰহণযোগ্যতাৰ ওপৰত প্ৰশ্ন তোলে। ১৯৭১ চনত ছিপিআই (এম এল) দিখণ্ডীত হয়, চাৰু মজুমদাৰৰ দলৰ পৰা সত্য নাৰায়ণ সিং বাহিৰ হয় যায়। ১৯৭২ চনত চাৰু মজুমদাৰ পুলিছৰ হাতত ধৰা পৰে আৰু আলীপুৰ জেলত নিহত হয়। তাত্ত্বিক নেতা সৰোজ দত্তক পুলিছে গ্ৰেপ্তাৰ কৰি নিছিল, তাৰ পাছত তেখেতৰ কোনো সন্ধান পোৱা নগ’ল সম্ভৱত তেখেতক হত্যা কৰা হয়। পলিটব্যুৰোৰ অন্যতম নেতা সুশীতল ৰায়চৌধুৰী আত্মগোপন থকা অবস্থাত মৃত্যু হয়। প্ৰধান নেতৃবৰ্গৰ ডাঙৰ অংশই জেলত বন্দী হয়। পাছত নক্সালপন্থী দল ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী) বহু ধাৰা উপধাৰাত বিভক্ত হয় পৰে। অনেক বছৰৰ পাছত অন্যতম প্ৰধান নেতা কানু সান্যাল ২০১০ চনৰ ২৩ মাৰ্চ তাৰিখে পশ্চিমবঙ্গৰ দাৰ্জিলিং জিলাৰ নকশালবাড়ী থানাৰ হাতিঘিষা গাঁৱৰ নিজ ঘৰতে গলত ফাঁচ দি আত্মহত্যা কৰে। শাৰীৰিক অসুস্থতা বাবে তেখেতে আত্মহত্যাৰ পথ বাছি লয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৮ বছৰ। ২০০৯ চনৰ মে মাহত পশ্চিমবঙ্গৰ লালগড়ত পুলিছে নক্সালপন্থী আৰু ক্ষমতাহীন কমিউনিষ্ট পাৰ্টিৰ কৰ্মীৰ ওপৰত আক্ৰমণ চলাই়। এই এলাকাত মাওবাদী জঙ্গী নেতাৰ প্ৰভাব বৃদ্ধি হৈছিল এই অভিযোগত ৰাজ্য চৰকাৰে জুনৰ প্ৰথম ভাগত পুলিছ আৰু অৰ্ধসামৰিক বাহিনীৰ সমম্বয়ত অভিযান চলাই, আৰু লালগড় পুনৰুদ্ধাৰ কৰে। মাওবাদী নেতা কিষনজিয়ে এক সাক্ষাত্কাৰত কৈছিল- "নক্সালপন্থী সকলে পশ্চিমবঙ্গৰ শাসনধিষ্ঠ বাম আৰু সিহঁতৰ পুলিছ বাহিনীৰ বিৰুদ্ধে নিজৰ বাবে মুক্তাঞ্চল গঢ়ি তুলিব বিচাৰিছিল। আৰু তাৰে আৰম্ভণি হিচাপে তাহাঁতে লালগড়ৰ ঘটনাটো ঘটিছে। ১৯৭০ চনৰ পিছত সিহঁত আৰু সংগঠিত হৈছে আৰু ২০১১ চনত কলকাতাৰ পৰা সিহঁতৰ সশস্ত্ৰ আন্দোলন পৰিচালনা কৰিব"। ইণ্টিগ্ৰেটেড এক্সন প্লেন ফেব্ৰুৱাৰী ২০০৯ চনত ভাৰতীয় কেন্দ্ৰীয় চৰকাৰে 'ইণ্টিগ্ৰেটেড এক্সন প্লেন' (আইএপি) আৰম্ভ কৰিলে। উদ্দেশ্য কৰ্ণাটক, ছত্তীছগঢ়, বিহাৰ, উত্তৰ প্ৰদেশ, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, তেলঙ্গানা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু পশ্চিমবঙ্গত নক্সাল সমস্যা সমাধান কৰা। এই পৰিকল্পনাত নক্সাল প্ৰভাৱিত এলেকাত তলৰ পৰ্যায়ৰ অৰ্থনৈতিক বিকাশ আৰু অধিক পুলিচ ব্যয় সন্মিলিত। নক্সাল কাৰ্যকালাপৰ সংখ্যা ২০০৯ চনত নক্সাল প্ৰায় ১৮০খন জিলাত সক্ৰিয় আছিল। আগষ্ট ২০১০ত আইএপিৰ এবছৰ সম্পূৰ্ণ হোৱাত কৰ্ণাটকক নক্সাল প্ৰভাৱিত ৰাজ্যৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ল। জুলাই ২০১১ত নক্সাল প্ৰভাৱিত জিলাৰ সংখ্যা হ'লগৈ ৯খন ৰাজ্য সামৰা ৮৩ (২০খহন অতিৰিক্ত জিলা সামৰি)। ডিচেম্বৰ ২০১১ত ঘোষণা কৰা হ'ল যে ২০১০ৰ তুলনাত নক্সাল সম্বন্ধিত মৃত্যুৰ সংখ্যা ৫০% হ্ৰাস পালে। ২০১৩ চনত মাওবাদী সাম্যবাদী গোটসমূহে ১৯২জনৰ মৃত্যুৰ দায়িত্ব স্বীকাৰ কৰিলে, যি ভাৰতত সংঘটিত সকলো সন্ত্ৰাসবাদী মৃত্যুৰেই ৫০%। তথ্য সংগ্ৰহ ভাৰতৰ
41910
https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A7%87%E0%A6%B6%E0%A6%A7%E0%A7%B0%20%E0%A6%B6%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A7%8D%E0%A6%AE%E0%A6%BE
লেশধৰ শৰ্ম্মা
ঊনবিংশ শতিকাৰ শেষ ভাগত পুৰণিগুদামত দুৰ্গাপূজা আয়োজনৰ পৰম্পৰা আৰম্ভ হৈছিল। চাহ বাগিছাৰ প্ৰতিপত্তিশালী ব্যৱসায়ী দেৱনাথ বৰুৱাৰ উদ্যোগত আৰম্ভ হোৱা পূজাভাগত পোনপ্ৰথমে খেৰৰ সোপাৰে দেৱী-প্ৰতিমা তৈয়াৰ কৰা হৈছিল। ১৯০১ চনত লেৰেলা খনিকৰ ওৰফে লেশধৰ শৰ্ম্মাই সৃজনীশীলতাৰ চমৎকাৰিতাৰে কাঠেৰে এটি দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰিলে। কোনোধৰণৰ উচ্চশিক্ষা অথবা কাৰিকৰী শিক্ষাৰ আশ্ৰয় নোলোৱাকৈ কেৱল নিজ প্ৰতিভা আৰু নিষ্ঠাৰ জোৰত লেশধৰ শৰ্মাই নিৰ্মাণ কৰা কাঠৰ দুৰ্গা-প্ৰতিমাটি কেৱল অসমতে নহয়,সমগ্ৰ ভাৰততে বিৰল। কাঠেৰে দুৰ্গা প্ৰতিমা সাজি উলিওৱা প্ৰথম ব্যক্তি হিচাপে চিহ্নিত লেশধৰ শৰ্মাৰ নামটো আজিও শ্ৰদ্ধা আৰু বিনম্ৰতাৰ স্মৰণ কৰা হয়। কুৰি শতিকাৰ চল্লিছৰ দশকত কাঠৰ মূৰ্তিভাগ গুৱাহাটীৰ যাদুঘৰলৈ নিয়াৰ যো-জা চলোৱা হৈছিল। কিন্তু পুৰণিগুদামৰ স্থানীয় ৰাইজে ঐতিহ্যমণ্ডিত এই ৰ্দুগাৰ্মূতিটিক সমূহীয়া প্ৰচেষ্টাৰে সংৰক্ষণ কৰি নিজ ঠাইতে ৰাখিবলৈ মনস্থ কৰিলে। লেশধৰ শৰ্ম্মাই নিৰ্মাণ কৰি থৈ যোৱা এই দুৰ্গামূৰ্তিটোৰেই পুৰণিগুদামৰ স্থানীয় পূজাঘৰত তেতিয়াৰ পৰা বৰ্তমানলৈকে পূজা কৰি থকা হৈছে। জন্মস্থান নগাঁও জিলাৰ পুৰণিগুদামৰ মাজমজিয়া কেঞাপট্টিত এখেতৰ পূৰ্বপুৰুষৰ বাসস্থান বুলি জনা যায়। পূৰ্বতে এইখিনি ঠাইক ভকতৰ চুবুৰী বুলি কোৱা হৈছিল। নাতিদূৰৈত থকা গড়মূৰ সত্ৰলৈ সত্ৰাধিকাৰসকল ফুৰিবলৈ আহোঁতে একাধিক ভকত উভতি নোযোৱাকৈ ইয়াৰ ভকতসকলৰ লগতে বসবাস কৰি থাকি গৈছিল বুলি ভাবিব পাৰি। শৈশৱ-কাল আৰু শিক্ষা-জীৱন শৰ্ম্মাৰ শৈশৱৰ ঘটনাৱলী সম্পূৰ্ণকৈ নেজানিলেও এইখিনি জানিব পাৰি যে পাঠশালা ঊত্তীৰ্ণ হৈ তেখেতে স্থানীয় সংস্কৃত স্কুলত (বৰ্ত্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয়) সংস্কৃত অধ্যয়ন কৰিছিল। তাৰপিছত শ্ৰাদ্ধবিধি বৈদিক কৰ্ম্মাদি কৰি জীৱিকাৰ বাট মোকলাইছিল। সৰুকালৰে পৰা শৰ্ম্মাদেৱে দা-কটাৰী,খৰি ফলা হাতোৱাহখনেৰেই পীৰা,তুল,গছা,চকী আদি সাজি খ্যাতি লাভ কৰিছিল। ক্ৰমান্বয়ে কাঠ শিল্পৰ প্ৰতি তেখেতৰ আগ্ৰহ আৰু আকৰ্ষণ বাঢ়িবলৈ ধৰিলে। সা-সামগ্ৰী নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা আহিলা-পাতি বিচাৰি আনৰ ওচৰলৈ নগৈ তেখেতে নিজ হাতৰেই সেইসমূহ আহিলা তৈয়াৰ কৰি ল’লে। ভাস্কৰ্যবিদ্যা আৰু কাঠৰ প্ৰতিমাৰ দুৰ্গা শঙ্খ ঘণ্টা ধ্বনিৰ সমান্তৰালকৈ হাতুৰি বটালিৰ কোবেও শৰ্ম্মাৰ ঘৰখনক এক সুকীয়া গাম্ভীৰ্য প্ৰদান কৰিলে। ক্ৰমাৎ শৰ্ম্মাৰ হাতত হেঙুল-হাইতালৰো বোল লাগিল। অতদিনৰ পৰা পুৰণিগুদামত চলি অহা দুৰ্গাপূজাৰ খেৰৰ প্ৰতিমাক আঁতৰাই লেৰেলা খনিকাৰে তাৰ ঠাইত কাঠৰ প্ৰতিমা সংস্থাপন কৰিলে। আৰু স্বাভাৱিকতেই শৰ্ম্মাদেৱৰ এই অসাধাৰণ কৃতিত্বৰ কথা চৌদিশে বিয়পি পৰিল। এই প্ৰতিমাখনিয়ে অসমৰ ভিতৰত শ্ৰেষ্ঠ স্থান লাভ কৰিলে। কাঠৰ প্ৰতিমা সজীৱ হৈ উঠিল। বিশ্বকৰ্মা উপাধি লেৰেলা খনিকৰ আছিল স্বাৱলম্বী,স্ব-নিৰ্ভৰশীল মানুহ। তেখেতে নিজৰ প্ৰয়োজনীয় দা,কুঠাৰ আদি হাথিয়াৰবোৰ কমাৰৰ হতুৱাই কৰাই আনি নিজেই ঘৰতে পাক্ ধৰি উপযুক্ত কৰি লৈছিল। পূজাত বজোৱা কাঁহ,পিতলৰ ঘণ্টাটি তেওঁ নিজেই গঢ় দি লৈছিল। নিজৰ লগুণত থকা সোণৰ আঙুঠিটোও নিজেই গঢ়ি লৈছিল। সোণৰ আঙুঠি গঢ়োৱা খবৰটো অহুকাণে-পহুকাণে গৈ স্থানীয় আউনীআটী সত্ৰত চহৰ ফুৰিবলৈ আহি থকা শ্ৰীশ্ৰী কমলদেৱ সত্ৰাধিকাৰৰ কাণ চুলেগৈ। কথাৰ উৱাদিহ লোৱাৰ মানসেৰে সত্ৰাধিকাৰ প্ৰভুৱে এদিন খনিকৰক মাতি পঠিয়ালে। খনিকৰ আশ্চৰ্যান্বিত হ’ল। পিছে পিছমুহূৰ্ততে তেওঁ এটা বুদ্ধি পাঙিলে। গমাৰী কাঠৰ এযোৰ খৰম হাঁতী দাঁতৰ চুলা লগাই সুন্দৰকৈ নতুন গামোছাৰে বান্ধি সত্ৰাধিকাৰ প্ৰভুৰ ওচৰলৈ গ’ল। খনিকৰৰ বিষয়ে গোঁসায়ে কি মত দিয়ে,তাকে শুনিবলৈ লগৰীয়া ব্ৰাহ্মণসকলে সেইদিনা ক্ষণ গণি আছিল। সত্ৰাধিকাৰে খনিকৰক সন্মানসহকাৰে উচ্চাসনত বহুৱালে আৰু বিশিষ্ট প্ৰসাদ খাবলৈ দি অভিযোগৰ খতিয়ান ল'লে। তেতিয়া স্পষ্টবাদী শিল্পীগৰাকীয়ে জনাই দিলে যে তেওঁ নিজৰ প্ৰয়োজনীয় আহিলা পাতি নিজে তৈয়াৰ কৰি লয়। তেওঁৰ এই স্বাৱলম্বিতা গুণক যদি কোনোবাই গুণ নুবুলি দোষ বুলি কয়, তেন্তে তেওঁ দোষী। এইবুলি স্বীকাৰোক্তি দি তেওঁ লগুণৰ সোণৰ আঙুঠিটো গোঁসাইক দেখুৱালে। গুণীৰ মূল বুজি পোৱা সত্ৰাধিকাৰ প্ৰভুৱে খনিকৰৰ প্ৰতিভাৰ ভূয়সী প্ৰশংসা কৰিলে। তেওঁক নিৰ্দ্দোষী বুলি জনালে আৰু খনিকৰৰ শিৰত ধৰি আৰ্শীব্বাদ দিলে। অকল সেয়াই নহয়, অনন্য আৰু অসাধাৰণ প্ৰতিভাসম্পন্ন লেৰেলা খনিকৰক তেওঁ “বিশ্বকৰ্মা” উপাধিৰে বিভূষিত কৰিলে। প্ৰণিধানযোগ্য যে, লেৰেলা খনিকৰৰ সুযোগ্য নাতি বেণুধৰ শৰ্ম্মাই ককাদেউতাকৰ শিল্পবিদ্যা জীয়াই ৰখাৰ উপৰিও প্ৰতিমাখনিক সযত্নে ৰাখি থৈছে। পুৰণিগুদামৰ দুৰ্গাপূজা সেই প্ৰতিমাৰেই সম্পন্ন হৈ আহিছে। সহায়ক গ্ৰন্থপঞ্জী লগতে চাওক নগাঁও পুৰণিগুদাম অসমৰ
66581
https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A6%BF%E0%A6%9A%E0%A6%BF%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%95%E0%A6%BE%E0%A6%82%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A6%BE%E0%A6%AE
লিচিপ্ৰিয়া কাংগুজাম
লিচিপ্ৰিয়া কাংগুজাম জন্ম: ২ অক্টোবৰ ২০১১) ভাৰতৰ এগৰাকী শিশু পৰিৱেশ কৰ্মী। তেওঁ বিশ্বব্যাপী সৰ্বকনিষ্ঠ জলবায়ু কৰ্মীসকলৰ ভিতৰত অন্যতম আৰু স্পেইনৰ মাদ্ৰিডত ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন ২০১৯ (চিওপি২৫)ত বিশ্বৰ নেতাসকলক সম্বোধন কৰি তেওঁলোকক তাৎক্ষণিক জলবায়ু ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছিল। লিচিপ্ৰিয়াই ২০১৮ চনৰ পৰা ভাৰতত জলবায়ু ব্যৱস্থাৰ বাবে প্ৰচাৰ চলাই আছে। ভাৰতৰ উচ্চ প্ৰদূষণৰ স্তৰ ৰোধ কৰিবলৈ নতুন আইন গৃহীত কৰিবলৈ আৰু বিদ্যালয়সমূহত জলবায়ু পৰিবৰ্তনৰ বিষয়ে শিক্ষাদান বাধ্যতামূলক কৰিবলৈ দাবী জনায় আহিছে। তেওঁক প্ৰায়ে ভাৰতৰ গ্ৰেটা বাৰি বুলি অভিহিত কৰা হয়। লিচিপ্ৰিয়াই ২০১৮ চনৰ জুলাইত জলবায়ু পৰিবৰ্তনৰ বিৰুদ্ধে ওকালতি কৰা আৰম্ভ কৰিছিল। জলবায়ু কৰ্মী গ্ৰেটা বাৰিৰ দ্বাৰা অনুপ্ৰাণিত হৈ ২০১৯ চনৰ ২১ জুন তাৰিখে লিচিপ্ৰিয়াই ভাৰতত জলবায়ু পৰিবৰ্তন আইন গৃহীত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ ভাৰতীয় সংসদ ভৱনৰ বাহিৰত এসপ্তাহ অতিবাহিত কৰিছিল। ২০১৯ চনৰ ৩১ আগষ্ট তাৰিখে লিচিপ্ৰিয়াই মালদ্বীপ চৰকাৰৰ যুৱ আৰু যুৱ ক্ৰীড়া আৰু সম্প্ৰদায় সশক্তিকৰণ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত অষ্ট্ৰেলিয়াৰ অৰ্থনীতি আৰু শান্তি প্ৰতিষ্ঠান (আইইপি) বিশ্ব শান্তি সূচকৰ অংশীদাৰিত্ব সঞ্চালক শ্ৰী চাৰ্লছ এলেনৰ দ্বাৰা হস্তান্তৰ কৰা "বিশ্ব শিশু শান্তি পুৰস্কাৰ ২০১৯" লাভ কৰে। তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন, ডি.এ.ত অৱস্থিত আৰ্থ দিৱস নেটৱৰ্কৰ মুখ্য কাৰ্যালয়ৰ দ্বাৰা "ৰাইজিং ষ্টাৰ" শীৰ্ষক উপাধি প্ৰদান কৰা হৈছিল। ২০১৯ চনৰ ১৯ নৱেম্বৰ তাৰিখে ভাৰত চৰকাৰৰ নীতি আয়োগৰ সহযোগত দৈনিক ভাস্কৰে চণ্ডীগড় বিশ্ববিদ্যালয়ত প্ৰদান কৰা "এছডিজি এম্বেছাডৰ এৱাৰ্ড ২০১৯" বঁটা লাভ কৰে। লিচিপ্ৰিয়াই পণ্ডিচেৰীৰ উপৰাজ্যপাল কিৰণ বেদীৰ গৱৰ্ণৰ দ্বাৰা নতুন দিল্লীত ২০২০ চনৰ ৩ জানুৱাৰী তাৰিখে "গ্লোবেল চাইল্ড প্ৰডিজি বঁটা ২০২০" লাভ কৰিছিল। ২০২০ চনৰ ১৮ ফেব্ৰুৱাৰীত দিল্লী বিশ্ববিদ্যালয়ত অনুষ্ঠিত টেডএক্স এছবিএছচিক সম্বোধন কৰিছিল। ২০২০ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে তেওঁ মুম্বাইত অনুষ্ঠিত টেডএক্সগেটৱেক সম্বোধন কৰে আৰু তেওঁৰ ভাষণৰ বাবে শ্ৰোতাৰ ষ্টেণ্ডিং অভেচন লাভ কৰিছিল। জীৱনী লিচিপ্ৰিয়া কাংগুজাম জন্ম ২০১১ চনৰ ২ অক্টোবৰ তাৰিখে ভাৰতৰ মণিপুৰৰ বাসিখংত হৈছিল। তেওঁ কে কে সিং আৰু বিদ্যৰাণী দেৱী কাংগুজাম অংবিৰ জ্যেষ্ঠ কন্যা। সাত বছৰ বছৰ পৰা তেওঁ জলবায়ু পৰিবৰ্তন আৰু দুৰ্যোগৰ বিপদাশংকা হ্ৰাসৰ মোকাবিলা কৰিবলৈ মাত মাতি আহিছে। ২০১৯ চনৰ জুন মাহত তেওঁ ভাৰতৰ সংসদ ভৱনৰ সন্মুখত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্বোধন কৰি ভাৰতত জলবায়ু পৰিবৰ্তন আইন প্ৰণয়ন কৰিবলৈ প্ৰতিবাদ কৰিছিল। ২০১৮-২০১৯ চনৰ সক্ৰিয়তা মংগোলীয়া ভ্ৰমণ ২০১৮ চনত লিচিপ্ৰিয়াই তেওঁৰ দেউতাকৰ সৈতে মংগোলীয়া ৰাষ্ট্ৰসংঘৰ দুৰ্যোগ সন্মিলনত অংশগ্ৰহণ কৰিছিল। ই তেওঁক সক্ৰিয় কৰ্মী হিচাপে সামাজিক কাৰ্য্যসমূহত জড়িত হ'বলৈ অনুপ্ৰাণিত কৰিছিল। বিবিচি নিউজৰ এক প্ৰবন্ধত তেওঁ কৈছিল, “মই ভাষণ দিয়া লোকসকলৰ পৰা যথেষ্ট অনুপ্ৰেৰণা আৰু নতুন জ্ঞান পাইছিলো। এইটো এটা জীৱন পৰিবৰ্তনশীল ঘটনা আছিল।” জলবায়ু পৰিবৰ্তন আৰু প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা কৰি পৃথিৱীক সুৰক্ষিত কৰিবলৈ সজাগতা বৃদ্ধি কৰাৰ বাবে অনুষ্ঠানটোৰ পিছতে লিচিপ্ৰিয়াই "দা চাইল্ড মুভমেণ্ট" প্ৰতিষ্ঠা কৰিছিল। কেৰালা বানপানী ২০১৮ লিচিপ্ৰিয়াই কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নক ২০১৮ চনৰ ২৪ আগষ্ট তাৰিখে কেৰালাৰ বানপীড়িত শিশুসকলক সহায় কৰিবলৈ ১ লাখ টকা দান কৰিছিল। দুবছৰ পিছত তেওঁ কেৰালা চৰকাৰৰ পৰা স্বীকৃতি পত্ৰ এখন লাভ কৰিছিল। গ্ৰেট অক্টোবৰ মাৰ্চ ২০১৯ ২০১৯ চনৰ ২১ অক্টোবৰত, লিচিপ্ৰিয়াই তেওঁৰ প্ৰায় হাজাৰ সমৰ্থকৰ সৈতে নতুন দিল্লীৰ ইণ্ডিয়া গেটত "গ্ৰেট অক্টোবৰ মাৰ্চ ২০১৯" আৰম্ভ কৰে। গ্ৰেট অক্টোবৰ মাৰ্চ ২১ ৰ পৰা ২৭ অক্টোবৰলৈ বিভিন্ন স্থানত হৈছিল য'ত জলবায়ু পৰিবৰ্তনৰ ওপৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু ভাৰতত জলবায়ু আইন প্ৰণয়ন কৰিবলৈ অনুৰোধ কৰা হৈছিল। ২০২০ চনৰ সক্ৰিয়তা বিশ্ব অৰ্থনৈতিক মঞ্চ ২০২০ ২০২০ চনত লিচিপ্ৰিয়াই বিশ্ব অৰ্থনৈতিক মঞ্চৰ অংশগ্ৰহণকাৰীসকলক কৰ্মী গ্ৰেটা থুনবাৰ্গ, লুইচা নিউবাউৰ, ইছাবেল এক্সেলচন আৰু লুকিনা টিলেৰ সৈতে এখন পত্ৰ প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে তেওঁলোকে কোম্পানী, বেংক আৰু চৰকাৰক লগে লগে জীৱাশ্ম ইন্ধনৰ ৰাজসাহায্য বন্ধ কৰিবলৈ আহ্বান জনোৱা হয়। গাৰ্জেন কাকতক দিয়া এক মতামতত তেওঁলোকে কয়, "আমি এই কামবোৰ ২০৫০, ২০৩০ বা আনকি ২০২১ চনৰ ভিতৰত কৰাটো নিবিচাৰো, আমি এতিয়া এইটো কৰিব বিচাৰো বৰ্তমানৰ দৰে। আমি বিশ্বৰ নেতাসকলক এই বিশ্বৰ সংকটৰ কেন্দ্ৰত থকা জীৱাশ্ম ইন্ধন অৰ্থনীতিত বিনিয়োগ বন্ধ কৰিবলৈ আহ্বান জনাও। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে তেওঁলোকৰ ধন বহনক্ষম প্ৰযুক্তি, গৱেষণা আৰু প্ৰকৃতি পুনৰুদ্ধাৰকৰাত বিনিয়োগ কৰিব লাগে। হস্ৰম্যাদী লাভে জীৱনৰ দীৰ্ঘম্যাদী স্থিৰতা কঢ়িওৱা উচিত নহয়। বিদ্যালয়সমূহত জলবায়ু পৰিবৰ্তন শিক্ষাদানৰ অভিযান তেওঁ বিদ্যালয়সমূহত জলবায়ু পৰিবৰ্তনৰ পাঠ অন্তৰ্ভুক্ত বাধ্যতামূলক কৰিবলৈ প্ৰচাৰ চলাই আছে আৰু তেওঁৰ অনুৰোধ অনুসৰি গুজৰাট চৰকাৰে বিদ্যালয় শিক্ষাত জলবায়ু পৰিবৰ্তনৰ পাঠ অন্তৰ্ভুক্ত কৰিছে। পৃথিৱী দিৱস ২০২০ ২০২০ চনত লিচিপ্ৰিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি.চি. বিশ্বব্যাপী সমবেত সকলক সম্বোধন কৰে। ক'ভিড-১৯ বৈশ্বিক মহামাৰী আৰম্ভ হোৱাৰ বাবে অনুষ্ঠানটো ভাৰ্চুৱেল আছিল। তেওঁ আন ৫০জন বিশ্বব্যাপী নেতা, প্ৰভাৱশালী, চেলিব্ৰিটি, খেলুৱৈ আৰু সংগীতজ্ঞৰ সৈতে প্ৰদৰ্শিত হৈছিল। তথ্যউৎস বাহ্যিক সংযোগ দক্ষিণ এছিয়াৰ যুৱ সন্মিলনত লিচিপ্ৰিয়া কাংগুজাম ভাৰতৰ ব্যক্তি মণিপুৰৰ ব্যক্তি জীৱিত ব্যক্তি প্ৰকৃতিবিদ পৰিৱেশ
50788
https://as.wikipedia.org/wiki/%E0%A6%86%E0%A6%B6%E0%A6%BE%E0%A6%AA%E0%A7%82%E0%A7%B0%E0%A7%8D%E0%A6%A3%E0%A6%BE%20%E0%A6%A6%E0%A7%87%E0%A7%B1%E0%A7%80
আশাপূৰ্ণা দেৱী
আশাপূৰ্ণা দেৱী (৮ জানুৱাৰী ১৯০৯ ১৩ জুলাই ১৯৯৫) এগৰাকী প্ৰসিদ্ধ বঙালী ঔপন্যাসিক আৰু কবি। নিজৰ জীৱনকালত অনেক বঁটা-বাহন আৰু সন্মানেৰে বিভূষিত হোৱা দেৱীয়ে ১৯৭৬ চনত জ্ঞানপীঠ বঁটা আৰু ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰিছিল। উল্লেখ্য যে আশাপূৰ্ণা দেৱী জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা সাহিত্যিক। জবলপুৰ, ৰবীন্দ্ৰ ভাৰতী, বুৰদ্বান আৰু যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তেওঁক ডি. লিট. উপাধি প্ৰদান কৰা হৈছিল। ১৯৮৯ চনত বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ে দেৱীক"দেশীকোত্তমা" সন্মান প্ৰদান কৰিছিল। উপন্যাস আৰু চুটি গল্পৰ ক্ষেত্ৰত আগবঢ়োৱা অমূল্য অৱদানৰ বাবে ১৯৯৪ চনত সাহিত্য অকাডেমিয়ে দেৱীক ইয়াৰ সৰ্বোচ্চ সন্মান সাহিত্য অকাডেমি ফেল'শ্বিপ প্ৰদান কৰিছিল। জীৱনী আশাপূৰ্ণা দেৱীৰ ১৯০৯ চনৰ ৮ জানুৱাৰীত এটা বৈদ্য পৰিয়ালত জন্ম হৈছিল। উত্তৰ কলিকতাৰ পটলদাঙ্গাস্থিত মামাকৰ ঘৰত তেওঁ জন্ম পাইছিল। তেওঁৰ জন্মৰ সময়ত দিয়া নামটো আছিল আশা পূৰ্ণা দেৱী (গুপ্তা)। দেৱীয়ে শৈশৱৰ প্ৰথম কালছোৱা বৃন্দাবন বসু লেনত অৱস্থিত এটা অত্যন্ত ৰক্ষণশীল পৰিয়ালত পাৰ কৰিছিল। সেই ঘৰখন বহু সম্পৰ্কীয় লোকেৰেও ভৰি থাকিছিল। পুৰণি প্ৰথা আৰু সাতামপুৰুষীয়া আদৰ্শত বিশ্বাসী আইতাকৰ নিৰ্দেশমতেই গোটেই ঘৰখন চলিছিল। আইতাকৰ আধিপত্য থকা সেই ঘৰখনত কন্যা সন্তানক স্কুললৈ যাব দিয়া নহৈছিল আৰু ব্যক্তিগত শিক্ষকো কেৱল ল'ৰাৰ বাবেহে ৰাখিছিল। ভায়েকক শিকাবলৈ আহোতে আশাপূৰ্ণাই বিপৰীতফালে বহি থাকি কথাসমূহ শুনি থাকিছিল। এনেকৈয়ে আশাপূৰ্ণাই বৰ্ণমালাখন শিকি লৈছিল। আশাপূৰ্ণাৰ দেউতাক হৰেন্দ্ৰ নাথ দত্ত সেইসময়ৰ এগৰাকী প্ৰখ্যাত চিত্ৰকৰ আছিল। মাতৃ সৰলা সুন্দৰীও এটা শিক্ষিত পৰিয়ালৰ জীয়ৰী আছিল আৰু অত্যন্ত গ্ৰন্থপ্ৰেমী আছিল। মাকৰ গল্প-উপন্যাস পঢ়াৰ প্ৰতি থকা দুৰ্বাৰ ধাউতি শৈশৱতেই আশাপূৰ্ণা আৰু তেওঁৰ ভনীলৈকেও গৈছিল। শৈশৱৰ পৰাই কিতাপ পঢ়াৰ স্বভাৱ গঢ় লৈ উঠা আশাপূৰ্ণাই বিশেষ আনুষ্ঠানিক শিক্ষা লাভ নকৰিলেও স্বশিক্ষাৰেই নিজকে গঢ়ি তুলিছিল। আশাপূৰ্ণাই কোৱা অনুসৰি, শৈশৱকালত তেওঁ নিজৰ ভনীৰ লগত কবিতা লিখা আৰু আবৃত্তি প্ৰতিযোগিতা কৰিছিল। এই অভ্যাসটোৰ ফলতেই ১৯২২ চনৰ এদিনাখন তেওঁ গোপনে এটা কবিতা"শিশু সাথী"লৈ পঠিয়াইছিল। সেই তেৰ বছৰ বয়সতে আশাপূৰ্ণাৰ"বাইৰেৰ ডাক" নামৰ কবিতাটো আলোচনীখনত প্ৰকাশ পালে। সম্পাদক ৰাজকুমাৰ চক্ৰৱৰ্তীয়ে আগলৈও কবিতা-গল্প পঠিয়াই থাকিবলৈও আশাপূৰ্ণাক অনুৰোধ কৰিছিল। ইয়াৰ পৰাই আশাপূৰ্ণাৰ নিৰৱচ্ছিন্ন সাহিত্যচৰ্চাৰ ধাৰাটো আৰম্ভ হৈছিল, যাৰ বাবে বঙালী সাহিত্যত তেওঁৰ এখন সুকীয়া স্থান সুনিশ্চিত হ'ল। ১৯২৪ চনত মাত্ৰ পোন্ধৰ বছৰ বয়সতে আশাপূৰ্ণাক বিয়াৰ বাবে কলিকতাৰ পৰা বাগদত্তৰ কৃষ্ণনগৰস্থিত বাসগৃহলৈ পঠোৱা হ'ল। তেওঁ কালীদাস গুপ্তাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ১৯২৭ চনত তেওঁলোকে কলকাতাৰ ভৱানীপুৰৰ ৰমেশ মিত্ৰ ৰ'ডত থিতাপি লয়। ইয়াৰ পিছত ৭৭ বেলতলা ৰোডত থকা এটা ডাঙৰ ঘৰলৈ আহে, য'ত তেওঁলোকে ১৯৬০ চনলৈ বাস কৰিছিল। নিজৰ সাহিত্যিক কেৰিয়াৰৰ প্ৰথমভাগত আশাপূৰ্ণাই প্ৰধানকৈ শিশুৰ বাবে লেখা-মেলা কৰিছিল। ১৯৮৩ চনৰ"ছোটো ঠাকুৰদাৰ কাশী যাত্ৰা" তেওঁৰ প্ৰথম প্ৰকাশিত পুথি আছিল। ১৯৩৬ চনত তেওঁ ডাঙৰৰ বাবে"পাটনি ও প্ৰেয়সী" নামৰ গল্প এটা লিখিছিল, যিটো আনন্দ বাজাৰ পত্ৰিকাৰ পূজাৰ সংস্কৰণত প্ৰকাশ পাইছিল। ১৯৪৪ চনত প্ৰকাশ পোৱা"প্ৰেম ও প্ৰয়োজন" প্ৰাপ্তবয়স্কসকলৰ বাবে লিখা প্ৰথম উপন্যাস। এই সময়ছোৱাৰ পৰা আশাপূৰ্ণা দেৱীৰ সাহিত্য চৰ্চা নিৰৱচ্ছিন্নভাৱে চলি থাকিল। তেওঁৰ অধিকাংশ লেখাতে লিংগ বৈষম্য আৰু পৰম্পৰাগত হিন্দু সমাজত থকা সংকীৰ্ণতাৰ ভিত্তিত উদ্ভৱ হোৱা অসমতা আৰু অন্যায়ৰ বিৰুদ্ধে নাৰী-পুৰুষৰ সবল প্ৰতিবাদ প্ৰকাশ পাইছিল। তেওঁৰ মেগনাছ অপামসদৃশ তিনিখন গ্ৰন্থ"প্ৰথম প্ৰতিশ্ৰুতি (১৯৬৪), সুৱৰ্ণলতা (১৯৬৭) আৰু বকুল কথাত (১৯৭৪) সম অধিকাৰৰ হকে নাৰীৰ নিৰন্তৰ সংগ্ৰাম প্ৰকাশ পাইছে। এককধৰণৰ সাহিত্য সৃষ্টিৰে আশাপূৰ্ণা দেৱী মৃত্যুৰ সময়ত খ্যাতিৰ শিখৰ পাইছিল। সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে তেওঁ জীৱনকালত অনেক বঁটা-বাহন আৰু সন্মানেৰে বিভূষিত হৈছিল। বঁটা-বাহন কলিকতা বিশ্ববিদ্যালয়ে প্ৰদান কৰা"দ্য লীলা প্ৰাইজ" (১৯৫৪) দ্য ভূটান মোহিনী দাসী গ'ল্ড মেডেল (1966) পশ্চিমবংগ চৰকাৰৰ পৰা ৰেইনড্ৰপ মেম'ৰিয়েল প্ৰাইজ (১৯৬৬) প্ৰথম প্ৰতিশ্ৰতি গ্ৰন্থখনৰ বাবে ১৯৭৬ চনৰ জ্ঞানপীঠ বঁটা "বংগীয় সাহিত্য পৰিষদ"ৰ পৰা"হৰনাথ ঘোষ মেডেল" (১৯৮৮) কলিকতা বিশ্ববিদ্যালয়ৰ পৰা"জগত্তাৰিণী স্বৰ্ণপদক" (১৯৯৩) দূৰদৰ্শনত সম্প্ৰচাৰণ আশাপূৰ্ণা দেৱী ৰচিত উপন্যাস "বালুছৰি"ৰ ভিত্তিত দিপ্ত টিভিত প্ৰচাৰিত "অপৰাজিতা" নামৰ ধাৰাবাহিকখন নিৰ্মাণ কৰা হৈছিল। "সুৱৰ্ণলতা" নামৰ আন এখন ধাৰাবাহিক জি বঙালীত প্ৰদৰ্শন হৈছিল। কালাৰ্ছ বঙালী চেনেলত "প্ৰথম প্ৰতিশ্ৰুতি"-খনো এখন ধাৰাবাহিকৰূপে প্ৰচাৰ হৈছিল। তথ্যসূত্ৰ ভাৰতৰ ব্যক্তি মৃত ব্যক্তি ভাৰতীয় সাহিত্যিক বঙালী সাহিত্যিক জ্ঞানপীঠ বঁটা বিজয়ী পদ্মশ্ৰী বঁটা
47976
https://as.wikipedia.org/wiki/%E0%A6%B9%E0%A6%BE%E0%A6%B2%E0%A6%A7%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%9A%E0%A7%8B%E0%A6%B2%E0%A6%BE%E0%A6%AC%E0%A7%8B%E0%A7%B0%E0%A7%B0%20%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8B%E0%A6%B2%E0%A6%A8
হালধীয়া চোলাবোৰৰ আন্দোলন
হালধীয়া চোলাবোৰৰ আন্দোলন মুভম দে জিলে জোন) ২০১৮ চনৰ ১৭ নৱেম্বৰৰ পৰা ইন্ধনজাত সামগ্ৰী বিশেষকৈ ডিজেলৰ মুল্যবৃদ্ধিৰ বিৰুদ্ধে ফ্ৰান্সত আৰম্ভ হোৱা এক প্ৰতিবাদী আন্দোলন। আন্দোলনকাৰী সকলে ফ্ৰান্সত ২০০৮ চনৰে পৰা বাহনচালক সকলৰ বাবে চৰকাৰে বাধ্যতামূলক কৰা হালধীয়া ৰঙৰ চোলা পৰিধান কৰি পেৰিছ আৰু অন্যান্য অঞ্চলৰ ৰাজপথত আন্দোলনত নমাৰ বাবে এই আন্দোলন হালধীয়া চোলাবোৰৰ আন্দোলন হিচাপে জনাজাত হয়। ইন্ধনজাত সামগ্ৰীৰ মুল্যবৃদ্ধি আন্দোলনৰ প্ৰধান কাৰণ যদিও লাহে লাহে অধিক সংখ্যক সাধাৰণ জনতাই সামগ্ৰিক ভাৱে জীৱন ধাৰণৰ ক্ৰমবৰ্ধমান খৰচৰ পৰা পৰিত্ৰাণ বিচাৰি স্বতঃস্ফূৰ্ত ভাৱে এই প্ৰতিবাদী আন্দোলনত যোগ দিবলৈ আৰম্ভ কৰে। আনহাতে ফৰাচী প্ৰশাসনৰ মতে কিছুমান কেচ্চাৰ পেশাদাৰী আন্দোলনকাৰী), লুটপাতিয়া আৰু অৰাজকতাবাদীয়ে আন্দোলনক জঙ্গী ৰূপলৈ নিবৰ বাবে প্ৰচেষ্টা চলাইছে। এই আন্দোলনৰ কোনো নিৰ্ধাৰিত দাবী অথবা নেতা পোহৰলৈ অহা নাই যদিও কিছু সংখ্যকে ৰাষ্ট্ৰপতিৰ পদত্যাগ দাবী কৰিবলৈ লোৱাৰ ফলত ফ্ৰান্সৰ চৰকাৰে দেশত জৰুৰী অৱস্থা ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। পটভূমি ভাৰতীয় মুদ্ৰাৰ হিচাপত ফ্ৰান্সত ২০ আগষ্ট, ২০১৮ ত ডিজেলৰ মুল্য প্ৰতি লিটাৰত ১১৬.৯৩ টকাৰ পৰা ৮ অক্টোবৰত সৰ্বোচ্চ ১২৩.৪১ টকা হয়গৈ। নৱেম্বৰ মাহত মূল্য হ্ৰাস পায় যদিও ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে জানুৱাৰী, ২০১৯ ত পুনৰ গোলকীয় উষ্ণতা বৃদ্ধি প্ৰতিৰোধৰ দোহাই দি ইন্ধনৰ ওপৰত কৰ বৃদ্ধিৰ পোষকতা কৰে যাৰ প্ৰতিবাদত ফ্ৰান্সৰ ৭০-৮০ শতাংশ জনতায়ে এই আন্দোলনৰ সমৰ্থন কৰিছে বুলি প্ৰকাশ পাইছে। আন্দোলনকাৰী সকলৰ মতে ৰাষ্ট্ৰপতিয়ে পৃথিৱী শেষ হোৱাৰ কথা চিন্তা নকৰি ৰাইজৰ মাহৰ শেষৰ কথা ভাবক আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি ৰোধ কৰিবলৈ যত্নপৰ হওক। আৰম্ভণি দক্ষিণ-পূৱ পেৰিছত প্ৰসাধন সামগ্ৰীৰ ব্যৱসায় কৰা প্ৰিছলিয়া লোডস্কী নামৰ এগৰাকী মহিলাই ২০১৮ মে' মাহত নামৰ ৱেবছাইট এটিৰ যোগেদি এখন অনলাইন আবেদন প্ৰচাৰ কৰে য'ত তেওঁ ইন্ধনৰ মূল্য হ্ৰাস কৰোৱাৰ বাবে সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰে। তেওঁ আবেদন খনত দেখুৱাই যে ইন্ধনৰ মূল্যত ৫০ শতাংশতকৈয়ো অধিক কৰ সোমাই আছে। তেওঁৰ আবেদনখন অক্টোবৰলৈকে কাৰো চকুত পৰা নাছিল। সেইসময়ত এৰিক ড্ৰঁ নামৰ এজন ট্ৰাক চালকে ফেইচবুকত আবেদনখন প্ৰচাৰ কৰে। স্থানীয় বাতৰি কাকতেও সেইখন প্ৰচাৰ কৰি ৰাইজৰ অভিমত বিচাৰে। আজিলৈকে সেই আবেদনৰ সমৰ্থনত প্ৰায় ১২ লক্ষ মানুহৰ সাক্ষৰ পৰিছে। ট্ৰাক চালক জনে ৰাজহুৱা স্বপ্ৰচাৰ-মাধ্যমৰ যোগেদি ১৭ নৱেম্বৰত ইন্ধনৰ মূল্য হ্ৰাসৰ বাবে এক কাৰ-ৰেলীৰ আহ্বান জনায়। লগে লগে অনেক সংগঠনে সেই দিনাই নিজা নিজাকৈ বিভিন্ন কাৰ্য্যসূচী ঘোষণা কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ মন মেলে। প্ৰথমে ৰাইজে বাহনচালক সকলৰ বাবে চৰকাৰে বাধ্যতামূলক কৰা হালধীয়া ৰঙৰ চোলাবোৰ নিজৰ গাড়ীৰ আইনাত ৰাখি সাংকেতিক ভাৱে নিজৰ সমৰ্থন জাহিৰ কৰিবলৈ একমত হয়। ১৭ নবেম্বৰৰ দিনা স্বতঃস্ফূৰ্ত ভাৱে প্ৰায় তিনি লক্ষ মানুহে হালধীয়া চোলা পিন্ধি ফ্ৰান্সৰ বিভিন্ন ৰাজপথলৈ উলাই আহে। প্ৰসাৰ ১ ডিচেম্বৰ, ২০১৮ ত পেৰিছৰ বিখ্যাত আৰ্ক দি ত্ৰিয়াম্ফ (বিজয় স্তম্ভ)ৰ বাকৰিত হালধীয়া চোলা পিন্ধা আন্দোলনকাৰী সকলে একত্ৰিত হৈ স্মৃতিশৌধটিৰ ক্ষতিসাধন কৰে আৰু ৰাজপথত বাহন আৰু অন্যান্য দোকান-পোহাৰত অগ্নিসংযোগ কৰি প্ৰতিবাদ অব্যাহত ৰাখে। প্ৰতিবাদী কাৰ্য্যসূচীসমূহ আন্দোলনকাৰীসকলে সপ্তাহান্তত অৰ্থাৎ শনিবাৰে শনিবাৰে সবল ৰূপত ৰূপায়ণ কৰা দেখা যায় আৰু এই সাপ্তাহিক প্ৰতিবাদ সমূহক কাৰ্য্য-১, কাৰ্য্য-২, কাৰ্য্য-৩, কাৰ্য্য-৪ এইধৰণে অভিহিত কৰা হৈছে। কাৰ্য্য-৪, শনিবাৰ ৮ ডিচেম্বৰ, ২০১৮ ত সংঘটিত হয়। চৰকাৰে পেৰিছ আৰু অন্যান্য অঞ্চলত গণহিংসাত্মক কাৰ্য্য সংঘটিত হ'ব পৰা সংবেদনশীল ৰাজহুৱা স্থানসমূহত আগতীয়াকৈ সাৱধানতামূলক ভাৱে বিভিন্ন নিষেধাজ্ঞা আৰু পুলিছবাহিনী মোতায়েন কৰা স্বত্বেও সমগ্ৰদেশত প্ৰায় ১,২৫,০০০ জন হালধীয়া চোলা পৰিহিত লোক ৰাজপথলৈ উলাই আহে। ১০,০০০ হালধীয়া চোলা পেৰিছৰ ৰাজপথত দেখা যায়। প্ৰায় এক সহস্ৰ লোকক চৰকাৰী বাহিনীয়ে আটক কৰে আৰু শতাধিক লোক আহত হয়। ২০১৭ চনৰ ছেপ্টেম্বৰত কাৰ্য্যকাল আৰম্ভ কৰিয়েই ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে আশীৰ দশকৰ পৰা দেশখনত উচ্চ আয় হোৱা ধনীক শ্ৰেণীৰ ওপৰত প্ৰযোজ্য বাৰ্ষিক সম্পত্তি কৰ আম্প' দ্ চলিদাৰিতেঁ চ' লাঁ ফহঁট্যোন, চমূকৈ ইংৰাজীত পৰিহাৰ কৰে। দেশৰ ধনীসকলৰ ব্যৱসায়ৰ স্বাৰ্থত মেক্ৰনে সম্পত্তি কৰ বাতিল কৰিব বুলি নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিল আৰু সেইমতে তেওঁ সেই প্ৰতিশ্ৰুতি লগে লগে পূৰণ কৰিছিল। আন্দোলনকাৰী সকলৰ এক অভিযোগ এই যে ধনী সকলৰ সম্পত্তি কৰ ৰেহাই দি সাধাৰণ জনতাৰ ওপৰত তেওঁ অধিক কৰৰ বোজা জাপি দিছে। আন্দোলন ঠাণ্ডা কৰিবৰ বাবে ফ্ৰান্সে ২০১৯-ৰ জানুৱাৰী মাহৰ পৰা ইন্ধনৰ ওপৰত প্ৰস্তাৱিত কৰবৃদ্ধি বাতিল কৰিলে। আনহাতে আগতে বাতিল কৰা সম্পত্তি কৰ পুনৰ লগোৱাৰ বাবে বিবেচনাও কৰিছে। ২৯ ডিচেম্বৰ, ২০১৮ ৰ প্ৰতিবাদী কাৰ্য্যসূচীত আন্দোলনকাৰীসকলে ফ্ৰান্সৰ কিছুমান সংবাদ মাধ্যমে আন্দোলনক নিস্তেজ কৰিবলৈ ভুৱা বাতৰি প্ৰচাৰ কৰিছে বুলি সেইসমূহৰ কাৰ্য্যালয়বোৰকো লক্ষ্য কৰি লয়। ২ জানুৱাৰী, ২০১৯ ত ট্ৰাক চালক এৰিক ড্ৰঁক আকস্মিক ভাৱে অশান্তি বিয়পোৱাৰ দোষ জাপি দি পুলিছে আটক কৰে। পৰিসংখ্যা চিত্ৰভঁৰাল তথ্য সংগ্ৰহ সামাজিক ফ্ৰান্স আধুনিক
35631
https://as.wikipedia.org/wiki/%E0%A6%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A6%BE%20%E0%A6%A8%E0%A7%82%E0%A6%AF%E0%A6%BC%E0%A7%80
ইন্দ্ৰা নূয়ী
ইন্দ্ৰা কৃষ্ণমূৰ্থী নূয়ী()(তামিল: (জন্মঃ ২৮ অক্টোবৰ ১৯৫৫) বাণিজ্যৰ পৰিচালনা ক্ষেত্ৰখনৰ সৈতে জড়িত এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান মহিলা। তেওঁ বৰ্ত্তমান আয়ৰ হিচাপত বিশ্বৰ দ্বিতীয় বৃহত্তম খাদ্য আৰু শীতল পানীয় উৎপাদনকাৰী প্ৰতিষ্ঠান পেপছিক’ৰ মুৰব্বী তথা মুখ্য কাৰ্যবাহী বিষয়া।২০১৭ চনত এওঁৰ পেপচিক'ৰ অন্তিম বছৰৰ দৰমহা আছিল ৩১,০০০,০০০ আমেৰিকান ডলাৰ ফ’ৰ্বছ আলোচনীয়ে প্ৰকাশ কৰা বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ১০০ গৰাকী মহিলাৰ তালিকাত ক্ৰমাগতভাৱে স্থান পাই আহিছে। ২০১৩ চনত এই তালিকাত দশম স্থান লাভ কৰে।২০১৪ চনত ইন্দ্ৰা নূয়ীয়ে 'ফ’ৰ্বছৰ লিষ্ট অফ দ্যা ওৱৰ্লড ৰেকৰ্ড' ত ১৩ নম্বৰ স্থানত আছিল আৰু ২০১৫ চনত 'ফৰচোণ'ৰ শক্তিশালী মহিলা অনুসাৰে ইন্দ্ৰা নূয়ীক বিশ্বৰ দ্বিতীয় গৰাকী শক্তিশালী মহিলা বুলি গণ্য কৰা হয়। ২০১৭ চনত আকৌ এবাৰ এওঁ 'ফ'ৰ্বচ লিষ্ট অফ্ দ্যা ১৯ ম'ষ্ট পাওৱাৰফুল ৱ'মেন ইন বিজিনেছ্'ত বিশ্বৰ দ্বিতীয় গৰাকী শক্তিশালী মহিলাৰ স্থান প্ৰাপ্ত হ'বলৈ সক্ষম হয়। প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ ইন্দ্ৰা নূয়ীৰ জন্ম হৈছিল তামিলনাডুৰ মাদ্ৰাজ (বৰ্তমানৰ চেন্নাই) চহৰত। হ’লি এঞ্জেলছ এংলো ইণ্ডিয়ান হায়াৰ ছেকেণ্ডাৰী স্কুলত শিক্ষা জীৱন আৰম্ভ কৰা নূয়ীয়ে ১৯৭৪ চনত মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজৰ পৰা পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিতসহ স্নাতক ডিগ্ৰী অৰ্জন কৰে। ১৯৭৬ চনত তেওঁ কলিকতাৰ ভাৰতীয় প্ৰবন্ধন প্ৰতিষ্ঠানৰ পৰা ব্যৱসায় পৰিচালনাৰ স্নাতকোত্তৰ উপাধি লাভ কৰে। ভাৰততেই কৰ্মজীৱনৰ শুভাৰম্ভ কৰা নূয়ীয়ে প্ৰথমাৱস্থাত জনছ্ন এণ্ড জনছন কোম্পানী আৰু বস্ত্ৰ নিৰ্মাতা মেটাৰ বিয়েৰ্ডছেলৰ প্ৰডাক্ট মেনেজাৰ হিচাপে কাম কৰিছিল। ১৯৭৮ চনত তেওঁ য়েল স্কুল অফ মেনেজমেণ্টত ভৰ্ত্তি হয় আৰু ইয়াৰপৰাই উমৈহতীয়া আৰু ব্যক্তিগত পৰিচালনা বিষয়ত স্নাতকোত্তৰ উপাভি লাভ কৰে। য়েলত থকা কালত তেওঁ এক গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰতো যোগদান কৰে।১৯৭৮ চনত নুইয়ে য়েল বিশ্ববিদ্যালয়ৰ 'য়েল স্কুল অফ মেনেজমেণ্ট'ত নাম ভৰ্তি কৰি আমেৰিকা যুক্তৰাষ্ট্ৰত থাকিবলৈ লয়। তাৰ পৰা তেখেতে ১৯৮০ চনত পাব্লিক আৰু প্ৰাইভেট মেনেজমেণ্টত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। ১৯৮০ চনত শিক্ষা সমাপ্ত কৰি নূয়ীয়ে ব’ষ্টন কনচাল্টিং গ্ৰুপত যোগদান কৰে আৰু ইয়াৰ পিছত কিছুদিন ম’ট’ৰ’লা কোম্পানীতো কাম কৰে। এওঁ পণ্য বেৱস্থাপক হিচাবে ভাৰতবৰ্ষৰ 'জনচন এণ্ড জনচন এণ্ড দ্যা টেক্সটাইল ফাৰ্ম বিয়েৰডচেল লিমিটেড'ত চাকৰি জীৱন আৰম্ভ কৰিছিল। য়েল স্কুল অফ মেনেজমেণ্টত থাকোঁতে, নুইয়ে বুজ এলেন হ্যেমিল্টনৰ লগত তাৰ গৃষ্মকালীন ইনটাৰ্ণচিপ সম্পূৰ্ণ কৰে। পেপছিক’ৰ বিষয়বাব ১৯৯৪ চনত নূয়ীয়ে পেপছিক’ কোম্পানীত যোগদান কৰে আৰু ২০০১ চনত প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা মুখ্য বিত্ত বিষয়া হিচাপে নিযুক্ত হয়। এটা দশকৰো অধিক কালজুৰি পেপছিক’ৰ গোলকীয় নীতিৰ ব্যৱস্থাপনা কৰি অহাৰ লগতে তেওঁ ১৯৯৭ চনত পেপছিক’ৰ ফাষ্টফুড বিভাগ ট্ৰাইকন (বৰ্ত্তমান য়াম! ব্ৰেণ্ডছ) স্থাপনতো মুখ্য ভূমিকা লয়। ১৯৯৮ চনত ট্ৰ’পিকানা কোম্পানীৰ অধিগ্ৰহণ আৰু কোৱাকাৰ অ’টছ কোম্পানৰ সৈতে চামিলকৰণতো নূয়ীৰ ভূমিকা আছিল অগ্ৰগণ্য। ২০০৬ চনত নূয়ী ৪৪ বছৰীয়া পেপছিক’ৰ পঞ্চমগৰাকী মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত হয়। বিজনেছ ৱিক আলোচনীৰ মতে, ২০০০ চনত নূয়ীয়ে মুখ্য বিত্ত বিষয়া হিচাপে যোগদান কৰাৰে পৰা ২০০৬ চনলৈ প্ৰতিষ্ঠানটোৰ বাৰ্ষিক আয় ৭২% বৃদ্ধি পোৱাৰ লগতে মূল আয় হয়গৈ $৫৬০ কোটি। টাইম আলোচনীয়ে নূয়ীক ২০০৭ আৰু ২০০৮ চনত বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ তালিকাত স্থান দিয়ে। অন্যহাতেদি ২০০৮ চনত ‘‘ফ’ৰ্বছ’’ আলোচনীয়ে তেওঁক বিশ্বৰ শক্তিশালী মহিলাৰ তালিকাত তৃতীয় স্থানত ৰাখে। ২০০৯ চনত ফ’ৰচুন আলোচনীৰ শক্তিশালী মহিলাৰ তালিকাত তেওঁ শীৰ্ষস্থান পায়। আয় পেপছিক’ৰ মুখ্য কৰ্যবাহী বিষয়া হিচাপে ২০১১ চনত ১.৬ নিযুত ডলাৰৰ মূল দৰমহা, ২.৫ নিযুত ডলাৰৰ বোনাচ, ৩ নিযুত ডলাৰৰ পেঞ্চন তথা পলমকৃত ধনৰ সৈতে নূয়ীৰ মুঠ আয় আছিল ১৭ নিযুত ডলাৰ। বঁটা, সন্মান আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি ফ’ৰ্বছ আলোচনীয়ে নূয়ীক ২০০৮আৰু ২০০৯ চনৰ বিশ্বৰ ১০০ গৰাকী ক্ষমতাশালী মহিলাৰ তালিকাত ক্ৰমাগতভাৱে চতূৰ্থ স্থানত ৰাখে। একেদৰে ফ’ৰচুন আলোচনীয়েও তেওঁক ক্ৰমাগত ২০০৬, ২০০৭, ২০০৮, ২০০৯ আৰু ২০১০ চনৰ বাবে ব্যৱসায়িক ক্ষেত্ৰখনৰ ক্ষমতাশালী মহিলাৰ তালিকাত প্ৰথম স্থান দিয়ে। ২০০৮ চনত ইউ এছ নিউজ এণ্ড ৱ’ৰ্লড ৰিপ’ৰ্ট কাকতে নূয়ীক আমেৰিকাৰ শ্ৰেষ্ঠতম নেতাসকলৰ অন্যতম বুলি অভিহিত কৰে। ২০০৮ চনত তেওঁ আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চায়েঞ্চৰ এক ফেল’শ্বিপৰ বাবে নিৰ্বাচিত হয়। ২০০৮ চনৰ জানুৱাৰীত নূয়ী ইউএছ-ইণ্ডিয়া বিজনেছ কাউঞ্চিলৰ অধ্যক্ষা হিচাপে নিৰ্বাচিত হয়। তেওঁ আমেৰিকান উদ্যোগটোৰ প্ৰতিনিধিত্ব কৰা ৬০ গৰাকীতকৈয়ো অধিক জ্যেষ্ঠ বিষয়াৰে গঠিত এই সংস্থাটোৰ নেতৃত্ব বহন কৰে। ২০০৯ চনত গ্ল’বেল ছাপ্লাই চেইন লীডাৰচ গ্ৰুপে নূয়ীক বৰ্ষটোৰ চি ই অ’ হিচাপে বিভূষিত কৰে। সেই একে বছৰতে ব্ৰেণ্ডন ৱুড ইণ্টাৰনেচনেল নামৰ এক উপদেষ্টা গোটে নূয়ীক শীৰ্ষৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ অন্যতম বুলি অভিহিত কৰে। ২০১০ চনত ফ’ৰচুন আৰু ফ’ৰ্বছ আলোচনীয়ে বিশ্বৰ ক্ষমতাশালী মহিলাৰ তালিকাত তেওঁক ক্ৰমে প্ৰথম আৰু ষষ্ঠ স্থান দিয়ে।পাঁচ বছৰ একেৰাহে শীৰ্ষস্থানত থকাৰ পিছত ২০১১ চনত তেওঁ আমেৰিকাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ আটাইতকৈ প্ৰভাৱশালী মহিলাৰ তালিকাত দ্বিতীয় স্থানলৈ অৱনমিত হয়। ইনষ্টিটিউচনেল ইনভেষ্টৰ আলোচনীয়ে আমেৰিকাৰ বিষয়ববীয়া গোটৰ ওপৰত চলোৱা এক সামগ্ৰিক সমীক্ষা অনুযায়ী নূয়ীয়ে ২০০৮ চনৰ পৰা ২০১১ চনৰ ভিতৰৰ শ্ৰেষ্ঠ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ তালিকাতো স্থান লাভ কৰে। সদস্যপদ আৰু সংগঠন নূয়ী য়েল কৰ্প’ৰেচনৰ এগৰাকী সদস্যা। তেওঁ বিশ্ব অৰ্থনৈতিক ফ’ৰামৰ প্ৰতিষ্ঠা মণ্ডলী, আন্তঃজাতিক উদ্ধাৰকাৰী সংস্থা, অলাভকাৰী সংগঠন কেটালিষ্ট আৰু লিংকন চেণ্টাৰ ফৰ দ্য পাৰফৰ্মিং আৰ্টছৰো ইয়াৰ উপৰিও নুয়ী ইউএছ-ইণ্ডিয়া বিজনেছ কাউঞ্চিলৰো অধ্যক্ষা। তেওঁ ৱৰ্লড জাষ্টিচ প্ৰজেক্টৰো এগৰাকী সন্মানীয় পদবীধাৰী। জনপ্ৰিয় দৰ্শনীসমূহত গ’ছিপ গাৰ্ল নামৰ বহুল প্ৰচলিত এক টেলিভিচন শ্ব’ত ইন্দ্ৰা নূয়ীৰ বিষয়ে উল্লেখ কৰা হৈছে য’ত এটি মুখ্য চৰিত্ৰই নূয়ীৰ ওচৰত প্ৰশিক্ষণ লোৱাৰ পৰিকলল্পনা কৰে। ব্যক্তিগত জীৱন নূয়ীৰ স্বামীৰ নাম ৰাজ কে. নূয়ী। ৰাজ কে. নূয়ী ১৯৮১ চনত তেতিয়া এমচ্ফ্ট চিচ্টেমৰ সভাপতি আছিল তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে। তাৰে এগৰাকীয়ে নূয়ীৰ পূৰ্বৰ শিক্ষানুষ্ঠান য়েলৰ স্কুল অফ মেনেজমেণ্টত অধ্যয়ন কৰি আছে।ইন্দ্ৰা নূয়ীক ফ’ৰ্বছ আলোচনীখনত 'বিশ্বৰ শক্তিশালী মাতৃ'ৰ তালিকাৰ ভিতৰত ৩য় স্থান দিয়া হৈছে এওঁ এজন হিন্দু ধৰ্মীয় ধাৰ্মিক মহিলা হোৱাৰ বাবে নিচাযুক্ত পানীয় সেৱনৰ পৰা বিৰত থাকে আৰু শাস্ত্ৰীয় ধৰ্মৰ শিক্ষা গ্ৰহণ কৰাৰ বাবে নিৰামিষ আহাৰ গ্ৰহন কৰে এওঁৰ ডাঙৰ বায়েক চন্দ্ৰিকা কৃষ্ণমূৰ্থী ট্যাণ্ডন এগৰাকী ব্যৱহায়ী আৰু এগৰাকী গ্ৰ্যামি পুৰষ্কাৰ মনোনিত খ্যাতনামা শিল্পী ভাৰতবৰ্ষত থাকোতে স্কুলীয়া জীৱনত ইন্দ্ৰা নূয়ীয়ে ক্ৰিকেট খেলিছিল আৰু অল গাৰ্ল ৰক বেণ্ড গ্ৰুপ খুলি তাত গীটাৰো বজাইছিল বাহ্যিক সংযোগ পেপছিক’ কৰ্প’ৰেট বায়’গ্ৰাফী ফ’ৰ্বছ প্ৰফাইল: ইন্দ্ৰা নূয়ী দ্য পেপছি চেলেঞ্জ, প্ৰফাইল ইন্দ্ৰা নূয়ী (ফৰচুন) ৰেফাৰেঞ্চ ফৰ বিজনেছ: ইন্দ্ৰা নূয়ী লীডাৰশ্বিপ বায়’গ্ৰাফী এছিয়া চ’ছাইটীত ইন্দ্ৰা নূয়ীৰ সৈতে আলোচনাৰ দৃশ্যাংশ, নিউয়’ৰ্ক, ৪/১৪/২০০৯ তথ্য সংগ্ৰহ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি ভাৰতীয় মূলৰ আমেৰিকান জীৱিত ব্যক্তি পদ্মভূষণ বঁটা
54156
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A6%BF%E0%A6%A6%E0%A6%BE%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A6%AE%20%E0%A6%B8%E0%A7%81%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A8%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%AE
চিদাম্বৰম সুব্ৰমনিয়াম
চিদাম্বৰম সুব্ৰমনিয়াম ৩০ জানুৱাৰী ১৯১০ ৭ নৱেম্বৰ ২০০০) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ কেন্দ্ৰীয় চৰকাৰত কৃষি, বিত্ত আৰু ৰক্ষা মন্ত্ৰণালয়ৰ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহন কৰিছিল। পিছলৈ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁ ভাৰতৰ খাদ্য আৰু কৃষিমন্ত্ৰী হৈ থাকোঁতে ভাৰতক খাদ্য উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰিবলৈ এম. এছ. স্বামীনাথন, বি. শিৱৰমণ আৰু নৰ্মান ই. বৰলুঙৰ সৈতে ভাৰতত সেউজ বিপ্লৱৰ সূচনা কৰিছিল। তেওঁক ভাৰত চৰকাৰে সেউজ বিপ্লৱত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৯৮ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ১৯১০ চনৰ ৩০ জানুৱাৰী তাৰিখে তামিলনাডুৰ কৈম্বটোৰ জিলাৰ পলাচীত চিদাম্বৰম সুব্ৰমনিয়ামৰ জন্ম হৈছিল। তেওঁ প্ৰাৰম্ভিক শিক্ষা পলাচীত গ্ৰহণ কৰি চেন্নাইলৈ যায়। তাত তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰেচিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ একে বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত মাদ্ৰাজ আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁৰ খুড়া স্বামী স্বামীনাথন তেওঁৰ আদৰ্শ ব্যক্তি আছিল। ৰাজনৈতিক জীৱন প্ৰাৰম্ভিক কালছোৱা তেওঁ মহাবিদ্যালয়ত পঢ়ি থাকোঁতে ব্ৰিটিছৰ বিৰুদ্ধে আইন অমান্য আন্দোলনত যোগ দিছিল। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁ কাৰাবাস খাটিছিল। পিছলৈ তেওঁ সংবিধান সভালৈ নিৰ্বাচিত হয় আৰু ভাৰতৰ সংবিধানৰ প্ৰস্তুতকৰণত নিজৰ অৰিহণা আগবঢ়ায়। ভাৰত স্বাধীন হোৱাৰ পিছত তেওঁ ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈ মাদ্ৰাজ ষ্টেটত মুখ্যমন্ত্ৰী চক্ৰৱৰ্তী ৰাজাগোপালচাৰী আৰু কে কামৰাজৰ কেবিনেটত শিক্ষা, আইন আৰু বিত্ত বিভাগৰ মন্ত্ৰী আছিল। এই কালছোৱাত তেওঁ মাদ্ৰাজ বিধানসভাৰ নেতা আছিল। ১৯৬২ চনত তেওঁ লোকসভালৈ নিৰ্বাচিত হয় আৰু কেন্দ্ৰীয় চৰকাৰৰ তীখা আৰু খনিমন্ত্ৰীৰ পদত নিযুক্ত হয়। তাৰপিছত তেওঁ ভাৰতৰ কৃষি মন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰে। ২ মে' ১৯৭১ চনৰ পৰা ২২ জুলাই ১৯৭২ চনলৈ তেওঁ ভাৰতৰ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ আছিল। সেউজ বিপ্লৱ তেওঁ এম. এছ. স্বামীনাথন আৰু বি. শিৱৰমনৰ সৈতে ভাৰতীয় কৃষিব্যৱস্থাৰ আধুনিকীকৰণৰ বাবে জনা যায়। তেওঁলোকৰ আঁচনিৰ সঠিক ৰূপায়ণৰ বাবে ১৯৭২ চনত ভাৰতত সৰ্বকালৰ অভিলেখ ভংগ কৰা ঘেঁহুৰ উৎপাদন হৈছিল। খাদ্য আৰু কৃষি মন্ত্ৰী হিচাপে তেওঁ ভাৰতত উচ্চ উৎপাদনক্ষম বীজৰ জাত, সাৰ আৰু কৃষিক্ষেত্ৰত ন-ন প্ৰযুক্তিৰ ব্যৱহাৰৰ সূচনা কৰিছিল। ইয়াৰ ফলত ভাৰত খাদ্যশস্য উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ পৰে। তেওঁ ভাৰতীয় শ্বেত বিপ্লৱৰ জনক ভাৰ্গিজ কুৰিয়েনক আমুলৰ অধ্যক্ষ হিচাপে নিয়োগ কৰিছিল। তেওঁ চেন্নাইত ৰাষ্ট্ৰীয় কৃষি ফাউণ্ডেচন আৰু তিৰুচিৰাপল্লীত ভাৰতীদৰ্শন ব্যৱস্থাপনা প্ৰতিষ্ঠান স্থাপন কৰিছিল। বিত্ত মন্ত্ৰালয় আৰু অপাতকাল ১৯৬৯ চনত কংগ্ৰেছৰ বিভাজন হোৱাত ইন্দিৰা গান্ধীয়ে আৰম্ভ কৰা কংগ্ৰেছ-১ৰ তেওঁ অধ্যক্ষ আছিল। পিছলৈ তেওঁ ইন্দিৰা গান্ধীৰ কেবিনেটত বিত্ত মন্ত্ৰীৰ দায়িত্বভাৰ লাভ কৰে। এই সময়ত তেওঁ ভাৰতীয় মুদ্ৰাৰ মূল্য কম কৰাৰ দৰে ব্যৱস্থা হাতত লয়। তেওঁ ১৯৭৬ চনত অপাতকালৰ সময়ত ভাৰতৰ বিত্তমন্ত্ৰী আছিল। আপাতকালৰ পিছত তেওঁ ইন্দিৰা গান্ধীৰ কংগ্ৰেছ এৰি দেৱৰাজ উৰ্ছ আৰু কাশু ব্ৰহ্মানন্দ ৰেড্ডীৰ কংগ্ৰেছত যোগ দিয়ে। পিছৰ কালছোৱা তেওঁ ১৯৭৯ চনত চৰণ সিংৰ কেবিনেটত ৰক্ষামন্ত্ৰী আছিল। ১৯৯০ চনত তেওঁ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছিল। মৃত্যু ২০০০ চনৰ ৭ নৱেম্বৰ তাৰিখে ৯০ বছৰ বয়সত চিদাম্বৰম সুব্ৰমনিয়ামৰ মৃত্যু হয়। বঁটা আৰু সন্মান ভাৰত ৰত্ন, ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান, ১৯৯৮ ৱাই. বি. চৌহান ৰাষ্ট্ৰীয় একত্ৰীকৰণ বঁটা ইউ ঠান্ত শান্তি বঁটা, ১৯৯৬ নৰ্মান বৰলুং বঁটা, ১৯৯৬ অনুব্ৰত বঁটা, ১৯৮৮ ২০১০ চনৰ আগষ্ট মাহত ভাৰত চৰকাৰে তেওঁৰ স্মৃতিত এটি মুদ্ৰা প্ৰচলন কৰিছিল। একেবছৰে ভাৰতীয় ডাক বিভাগে তেওঁৰ স্মৃতিত এক ডাক টিকট প্ৰচলন কৰে। গ্ৰন্থৰাজি দা নিউ ষ্ট্ৰেতেজী ইন ইণ্ডিয়ান এগ্ৰীকাল্চাৰ চাম কাউন্ত্ৰীজ হুইছ আই ভিজিটেড ৰাউণ্ড দা ৱৰ্ল্ড ইণ্ডিয়া অফ মাই ড্ৰিমছ তথ্য উৎস বাহ্যিক সংযোগ ৰাষ্ট্ৰীয় এগ্ৰ' ফাউণ্ডেচন ভাৰতৰ ব্যক্তি মৃত ব্যক্তি ভাৰতীয় ভাৰত চৰকাৰৰ মন্ত্ৰী ভাৰতৰ স্বাধীনতা সংগ্ৰামী ভাৰত ৰত্ন বঁটা
30134
https://as.wikipedia.org/wiki/%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%87%E0%A6%9C%20%E0%A6%8F%E0%A6%A8%E0%A6%BE%E0%A6%9F%E0%A6%AE%E0%A7%80
গ্ৰেইজ এনাটমী
গ্ৰেইজ এনাটমী এখন ইংৰাজী ভাষাত লিখা মানৱ শৰীৰস্থান সম্পৰ্কীয় পাঠ্যপুথি। শৰীৰস্থানবিদ হেনৰী গ্ৰেই নামৰ ব্যক্তিজনে প্ৰথমে এই গ্ৰন্থখন লিখিছিল। আগৰ সংস্কৰণসমূহৰ নাম এনাটমী: টিভ এণ্ড চাৰ্জিকেল আছিল, কিন্তু পিছলৈ নামটো চুটি কৰি "গ্ৰেইজ এনাটমী" ৰখা হয়। গ্ৰন্থখনক শৰীৰস্থান সম্পৰ্কে এক গুৰুত্বপূৰ্ণ কৰ্ম বুলি বিবেচনা কৰা হয় আৰু ১৮৫৮ চনত প্ৰথম প্ৰকাশৰ পৰা ইয়াক সংশোধিত আৰু পৰিবৰ্ধিত ৰূপত প্ৰকাশ কৰি অহা হৈছে। কিতাপখনৰ ৪০তম (১৫০ বছৰীয়া) সংস্কৰণ ২০০৮ চনত প্ৰকাশ পায়। প্ৰকাশনৰ ইতিহাস আঁৰৰ কথা ১৮২৭ চনত ইংৰাজ শৰীৰস্থানবিদ হেনৰী গ্ৰেইৰ জন্ম হয়। তেওঁ অন্তঃস্ৰাৱী তন্ত্ৰ আৰু প্লীহাৰ বিষয়ে অধ্যয়ন কৰে আৰু ১৮৫৩ চনত লণ্ডনৰ ছেইণ্ট জৰ্জেজ হস্পিটেল মেডিকেল স্কুলত শৰীৰস্থানৰ বক্তা হিচাপে নিযুক্ত হয়। ১৮৫৫ চনত তেওঁ সহকৰ্মী হেনৰী ডাইক কাৰ্টাৰৰ কাষ চাপি সা বিজ্ঞানৰ ছাত্ৰসকলৰ বাবে এখন কমমূল্যৰ আৰু সহজ শৰীৰস্থানৰ পাঠ্যপুথি লিখাৰ পৰিকল্পনা প্ৰকাশ কৰে। তাৰপিছত ১৮৩২ চনৰ এনাটমী এক্ট মানি চলি তেওঁলোকে ১৮ মাহ ধৰি সালয়ত কোনেও নিনিয়া মৃতদেহবোৰৰ ব্যৱচ্ছেদন কৰাত ব্যস্ত থাকে। ১৮৫৮ চনত প্ৰকাশক পাৰ্কাৰে ইংলেণ্ডত তেওঁলোকৰ কৰ্ম প্ৰকাশ কৰে। প্ৰথম সংস্কৰণ হেনৰীয়ে ছাৰ বেঞ্জামিন কলিন্স ব্ৰ'ডিলৈ উছৰ্গা কৰে। ১৮৫৯ চনত সামান্য সালসলনিৰে এই সংস্কৰণৰ প্ৰতিলিপি আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰকাশ হয়। ১৮৬০ চনত সংযুক্ত ৰাজ্যত কিতাপখনৰ সংশোধিত সংস্কৰণ প্ৰকাশ পায়। কিন্তু তাৰ পিছৰ বৰ্ষতে ৩৪ বছৰ বয়সত সৰুআই ৰোগত হেনৰী গ্ৰেইৰ মৃত্যু হয়। "এনাটমী: টিভ এণ্ড চাৰ্জিকেল" গ্ৰন্থ প্ৰকাশ পোৱা তেতিয়া মাত্ৰ তিনি বছৰহে হৈছিল। কিন্তু আন আন ব্যক্তিৰ প্ৰচেষ্টাত তেওঁৰ কিতাপখনৰ প্ৰকাশ অব্যাহত থাকে। ১৮৬৩ চনত পাৰ্কাৰৰ প্ৰকাশন গোষ্টী কিনি লোৱাৰ পিছত লংমেন প্ৰকাশনে এই কিতাপখন ছপা কৰি উলিয়ায়। ইযাৰ পিছত বহুবছৰ ধৰি লংমেনে কিতাপখন প্ৰকাশ কৰাৰ পিছত শেহতীয়াকৈ চাৰ্চিল ছেভিয়াৰ গোষ্ঠীৰ সংস্কৰণ প্ৰকাশ পাইছে। ২০০৪ চনত এইখন গ্ৰন্থৰ শৈলী অনুসৰণ কৰি "গ্ৰেইজ এনাটমী ফ'ৰ ছ" নামৰ এখন কিতাপ প্ৰকাশ পায়। আমেৰিকান সংস্কৰণ চাৰ্ড আৰু লীয়ে গ্ৰেইজ এনাটমীৰ সম্পূৰ্ণ আমেৰিকান কপিৰাইট কিনি লয় আৰু ১৯০৮ চনৰ ১৮ জুনত নিজাকৈ প্ৰথম সংস্কৰণ প্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁলোকৰ আৰু চৌবিশটা সংস্কৰণ প্ৰকাশ পায়। লী আৰু ফেবিজাৰে ১৯৯০ চনত কোম্পানীটো বিক্ৰী হোৱা পৰ্যন্ত কিতাপখনৰ প্ৰকাশ অব্যাহত ৰাখে। ইয়াৰ আগতে ১৮৫৯ চনত প্ৰকাশ পোৱা ব্ৰিটিছ সংস্কৰণৰ আমেৰিকান প্ৰতিলিপিখন ৰিচাৰ্ড ছ ডাংলিজনে সম্পাদনা কৰে। তেওঁৰ দেউতাক লী ডাংলিজন আমেৰিকাৰ ৰাষ্ট্ৰপতি থমাছ জেফাৰছনৰ সক আছিল। ডাংলিজনে পৰৱৰ্তী চাৰিটা সংস্কৰণো সম্পাদনা কৰে। সেইকেইটা হ'ল: দ্বিতীয় আমেৰিকান সংস্কৰণ (ফেব্ৰুৱাৰী ১৮৬২); পঞ্চম ব্ৰিটিছ সংস্কৰণৰ পৰা তৃতীয় আমেৰিকান সংস্কৰণ (মে' ১৮৭০); অষ্টম ব্ৰিটিছ সংস্কৰণৰ আমেৰিকান সংস্কৰণ (জুলাই ১৮৭৮); আৰু দশম ব্ৰিটিছ সংস্কৰণৰ আমেৰিকান সংস্কৰণ (আগষ্ট ১৮৮৩)। ছ কীনে পৰৱৰ্তী সুটা সংস্কৰণ সম্পাদনা কৰে। সেইকেইটা হ'ল: একাদশ ব্ৰিটিছ সংস্কৰণৰ আমেৰিকান সংস্কৰণ (চেপ্টেম্বৰ ১৮৮৭); আৰু ত্ৰয়োদশ ব্ৰিটিছ সংস্কৰণৰ আমেৰিকান সংস্কৰণ (চেপ্টেম্বৰ ১৮৯৩)। ১৮৯৬ চনৰ চেপ্টেম্বৰৰ পৰা ব্ৰিটিছ সংস্কৰণ উল্লেখ কৰাটো বন্ধ হয় আৰু ইয়াক বাৰ্ণ গেলাডেট, ব্ৰ'কৱে আৰু মেকমৰিছৰ সম্পাদনাৰে "চতুৰ্দশ সংস্কৰণ" বুলি প্ৰকাশ কৰা হয়। পঞ্চদশ সংস্কৰণো (অক্টোবৰ ১৯০১) তেওঁলোকেই সম্পাদনা কৰে। জে চি ডা কষ্টাই ষোড়শ সংস্কৰণ (অক্টোবৰ ১৯০৫) আৰু ডা কষ্টা আৰু এডৱাৰ্ড এন্থনী জাই সপ্তদশ সংস্কৰণ (চেপ্টেম্বৰ ১৯০৮) সম্পাদনা কৰে। কাই ১৮তম (অক্টোবৰ ১৯১০) আৰু ১৯তম সংস্কৰণ (জুলাই ১৯১৩) সম্পাদনা কৰে। আৰ হাউদেনে অক্টোবৰ ১৯১৩ চনত প্ৰকাশিত অষ্টাদশ ব্ৰিটিছ সংস্কৰণ নতুন আমেৰিকান সংস্কৰণ সম্পাদনা কৰে। ইয়াৰ পিছত প্ৰকাশ পোৱা সম্পূৰ্ণ আমেৰিকান সংস্কৰণসমূহৰ ক্ৰমিক সংখ্যা আগৰমতেই ৰখা হয় আৰু এইচ্ছ লিৱিছে ২০তম (চেপ্টেম্বৰ ১৯১৮), ২১তম (আগষ্ট ১৯২৪), ২২তম (আগষ্ট ১৯৩০), ২৩তম (জুলাই ১৯৩৬) আৰু ২৪তম (মে' ১৯৪২) সংস্কৰণ সম্পাদনা কৰে। ২৫ৰ (আগষ্ট ১৯৪৮) পৰা ২৯তম (আগষ্ট ১৯৬৬) সংস্কৰণসমূহ চি এম গ্ৰছে সম্পাদনা কৰে। কাৰ্মিন ক্লেমেণ্টে বহুলভাৱে সংশোধিত ৩০তম সংস্কৰণ (অক্টোবৰ ১৯৮৪) সম্পাদনা কৰি উলিয়ায়। ১৯৯০ চনত লী আৰু ফেবিজাৰ প্ৰকাশন গোষ্ঠী বিক্ৰী হোৱা বাবে ৩০তম সংস্কৰণেই আছিল শেষ আমেৰিকান সংস্কৰণ। আমেৰিকান আৰু ব্ৰিটিছ সংস্কৰণ প্ৰকাশৰ খেলিমেলি বেলেগ বেলেগ সম্পাদকীয় প্ৰচেষ্টাৰ বাবে বহুবছৰলৈ গ্ৰেইজ এনাটমীৰ ব্ৰিটিছ আৰু আমেৰিকান সংস্কৰণৰ ক্ৰমিক সংখ্যাৰ খেলিমেলি আছিল। ইয়াৰ বাবে প্ৰায়েই কিতাপখন কিনোতে বা উদ্ধৃতি দিওঁতে অসুবিধা হৈছিল। ১৯০৫ চনৰ ১৬তম সংস্কৰণলৈকে আমেৰিকান সংস্কৰণসমূহ ব্ৰিটিছ সংস্কৰণসমূহৰ লগত সমানে সমানে ছপা হৈছিল; আমেৰিকান সংস্কৰণে ব্ৰিটিছ সংস্কৰণৰ সংখ্যা উল্লেখ কৰিছিল বা ১৪, ১৫ আৰু ১৬তম সংস্কৰণত একে ক্ৰমিক সংখ্যা ৰাখিছিল। ইয়াৰ পিছত আমেৰিকান সংস্কৰণৰ গতি বাঢ়ে আৰু ১৯০৮ চনত ১৭তম আমেৰিকান সংস্কৰণ প্ৰকাশ পায় কিন্তু ১৯০৯ চনতহে ১৭তম ব্ৰিটিছ সংস্কৰণ প্ৰকাশ পায়। ১৮ আৰু ১৯তম সংস্কৰণত এই পাৰ্থক্য ৩ বছৰলৈ বৃদ্ধি পায়। ১৯১৩ চনত "অষ্টাদশ ব্ৰিটিছ সংস্কৰণৰ পৰা নতুন আমেৰিকান সংস্কৰণ" প্ৰকাশ হওঁতে এই সংখ্যা মিলি যায়। ১৯১৮ চনত দুয়োখন দেশতে ২০তম সংস্কৰণ প্ৰকাশ পায়। ইয়াৰ পিছত ব্ৰিটিছ সংস্কৰণ আগবাঢ়ি যায় আৰু ১৯২০ চনত ২১তম আৰু ১৯২৪ চনত ২২তম সংস্কৰণ প্ৰকাশ পায়। ১৯৪৯ চনত ৩০তম ব্ৰিটিছ সংস্কৰণ প্ৰকাশ পায় কিন্তু আমেৰিকান ৩০তম সংস্কৰণ ১৯৮৪ চনতহে প্ৰকাশ পায়। বৰ্তমানৰ ৰূপ "গ্ৰেইজ এনাটমী"ৰ নতুন ৪০তম সংস্কৰণ ২০০৮ চনৰ ২৬ ছেপ্টেম্বৰত ছেভিয়াৰ প্ৰকাশন গোষ্ঠীয়ে ছপা আৰু অনলাইন ৰূপত প্ৰকাশ কৰে। গ্ৰন্থখনৰ জেষ্ঠ্য সম্পাদক হৈছে লণ্ডনৰ কিংছ কলেজৰ অধ্যাপক চুজান ষ্টেণ্ড্ৰিং। শেহতীয়া দুটা সংস্কৰণৰ আগৰবোৰৰ লগত এটা প্ৰধান পাৰ্থক্য আছে: শেহতীয়া দুখনত অঙ্গ-প্ৰত্যঙ্গবোৰ স্থান হিচাপে বৰ্ণনা কৰা হৈছে বস্তুবোৰ কোন ঠাইত অৱস্থিত সেই হিচাপে- যেনে হাতৰ হাড়ৰ গঠন, ৰক্তনলী, স্নায়ু আদি একে ঠাইতে বৰ্ণনা কৰা হৈছে)। গ্ৰেইজ এনাটমীৰ আগৰ সংস্কৰণবোৰ প্ৰণালীবদ্ধ শৰীৰস্থান হিচাপে সজোৱা হৈছে গোটেই শৰীৰৰ অস্থি তন্ত্ৰ, সংবহন তন্ত্ৰ, স্নায়ু তন্ত্ৰ আদি একে ঠাইতে বৰ্ণনা কৰা হৈছে)। ৩৯ তম সংস্কৰণৰ সম্পাদকে দুয়োটা পদ্ধতিৰ শুদ্ধতা মানি লৈছে কিন্তু ৰাইজৰ দাবীত স্থানীয় এনাটমীৰ পদ্ধতি অৱলম্বন কৰিলে। গ্ৰন্থখনৰ পুৰণা, কপিৰাইট মুক্ত সংস্কৰণ এতিয়াও ছপা ৰূপত বিক্ৰী হৈ আছে। ৱৰ্ল্ড ৱাইড ৱেবতো পুৰণা সংস্কৰণৰ বহুতো বিজ্ঞাপন দেখা যায়। বেছিভাগেই কোনটো সংস্কৰণৰ পৰা ছপা কৰা হৈছে সেয়া স্পষ্ট নহ'লেও ১৯০১ (আমেৰিকান) সংস্কৰণ বুলি ধাৰণা কৰা হয়। কিছুমান ৱেবছাইটত পুৰণা সংস্কৰণবোৰ অনলাইন পঢ়াৰ সুবিধা আছে। যদিও পুৰণা সংস্কৰণসমূহৰ ছবিসমূহৰ শৈল্পিক আৰু ঐতিহাসিক মূল্য আছে, শৰীৰস্থানৰ শেহতীয়া জ্ঞানৰ বাবে সেয়া পৰ্যাপ্ত নহয়। হেনৰী গ্ৰেইয়ে "গ্ৰেইজ এনাটমী" লিখোঁতে সা বিজ্ঞানৰ ছাত্ৰ আৰু বিশেষকৈ শল্য সকৰ কথা মনত ৰাখি যুগুত কৰিছিল। কিন্তু কিতাপখনৰ জনপ্ৰিয়তাৰ লগে লগে পিছৰ সম্পাদকসকলে কিতাপখনক ইংৰাজী ভাষাত উপলব্ধ এনাটমীৰ সকলোতকৈ তথ্যপূৰ্ণ কিতাপ হিচাপে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিলে। বিংশ শতিকাত সা বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে কিতাপখনৰ কলেৱৰ বেছিকৈ বাঢ়ি আহিল। ৩৫ তম সংস্কৰণৰ পৰা কিতাপখনৰ কলেৱৰ অলপ কমাই ছাত্ৰসকলৰ উপযোগী কৰি ৰখা প্ৰয়াস কৰা হ'ল। তথাপিও ৩৮তম সংস্কৰণ ছপা হওঁতে সেইখনত ২,০৯২ পৃষ্ঠা আছিলযিটো গ্ৰেইজ এনাটমীৰ যিকোনো সংস্কৰণৰ ভিতৰত সৰ্বাধিক। বৰ্তমানৰ ৪০তম সংস্কৰণত ১,৫৭৬ পৃষ্ঠা আছে। "গ্ৰেইজ এনাটমী"ৰ নতুন সংস্কৰণ বা কেইবাটাও পুৰণা সংস্কৰণক এই বিষয়ৰ সকলোতকৈ ব্যাপক আৰু তথ্যপূৰ্ণ কিতাপ বুলি বিবেচনা কৰা হয়। গ্ৰেইজ এনাটমীক ছাত্ৰসকলৰ উপযোগী কৰি ৰাখিবলৈ চেষ্টা কৰা সত্ত্বেও ৩৯তম সংস্কৰণ প্ৰকাশ হওঁতে ছাত্ৰসকলক কিতাপখনৰ প্ৰধান বজাৰ হিচাপে চিনাক্ত কৰা হোৱা নাছিল। যোৱা কেইবছৰমানত সহযোগী প্ৰকাশন যেনে "গ্ৰেইজ এনাটমী ফ'ৰ ছ, গ্ৰেইজ লাছ অৱ এনাটমী আৰু গ্ৰেইজ এনাটমী ৰিভিউ আদিও বজাৰত ওলাইছে। টোকা তথ্যসূত্ৰ অতিৰিক্ত পঠন বহিঃসংযোগ 1918. 12345 1858 চিকিৎসা বিজ্ঞান ইংৰাজী
85439
https://as.wikipedia.org/wiki/%E0%A6%A1%E0%A6%BF%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%B2%20%E0%A6%95%E0%A6%AA%E0%A6%BE%E0%A6%A1%E0%A6%BC%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE
ডিম্পল কপাড়িয়া
ডিম্পল কপাড়িয়া জন্ম: ৮ জুন, ১৯৫৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। ষোল বছৰ বয়সত তেওঁ অভিনয় জগতত ভৰি দিয়ে। ১৯৭৩ চনক এহাল কিশোৰ-কিশোৰীৰ প্ৰেম কাহিনীৰ আধাৰত নিৰ্মিত ববীৰ মূল চৰিত্ৰত অভিনয় কৰে। সেই একে বছৰতে তেওঁ অভিনেতা ৰাজেশ খান্নাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দম্পতিহালৰ টুইংকল খান্না আৰু ৰিংকি খান্না নামৰ দুজনী জীয়েক আছে। তেওঁলোকও বলীউদৰ প্ৰতিষ্ঠিত অভিনেত্ৰী। বিয়াৰ পিছত তেওঁ অভিনয় বাদ দিছিল যদিও ৰাজেশ খান্নাৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটাত পিছলৈ দুয়ো পৃথকে থাকিবলৈ লয় আৰু ১৯৮৪ চনত তেওঁ পুনৰ অভিনয় জগতলৈ ঘূৰি আহে। ১৯৮৫ চনত মুক্তি পোৱা সাগৰ নামৰ হিন্দী চলচ্চিত্ৰত অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। ১৯৮০ৰ দশকত তেওঁ নিজকে শীৰ্ষস্থানীয় অভিনেত্ৰী ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। ব্যক্তিগত জীৱন গুজৰাটী ব্যৱসায়ী চুন্নিভাই কপাড়িয়া আৰু বিট্টি দম্পতিৰ চাৰি সন্তানৰ ভিতৰত ডিম্পল আছিল আটাইতকৈ ডাঙৰ। তেওঁৰ ভনীয়েক চিম্পল কপাড়িয়াও এগৰাকী অভিনেত্ৰী আছিল। পৰিয়ালটো মুম্বাইৰ চান্তাক্ৰুজ এলেকাত বসবাস কৰিছিল আৰু ডিম্পলে চেইণ্ট জোচেফ কনভেণ্ট হাইস্কুলত অধ্যয়ন কৰিছিল। ইছমাইলী খোজা সম্প্ৰদায়ৰ ব্যক্তি, তেওঁৰ পিতৃ এজন ধনাধ্য ব্যক্তি আছিল। ১৯৭৩-ৰ নবেম্বৰত তেওঁৰ প্ৰথম চলচ্চিত্ৰ ববী মুক্তি পায়। ছবিখনে মুক্তি পোৱাৰ ছয়মাহ আগতেই তেওঁৰ ৰাজেশ খান্নাৰ সৈতে বিয়া হৈ যায়। ববীৰ সৰহভাগ দৃশ্যই তেওঁলোকৰ বিয়াৰ পাছত গ্ৰহণ কৰা হৈছিল। দুই কন্যা টুইংকল আৰু ৰিংকিক প্ৰতিপাল কৰাৰ উদ্যেশ্যে তেওঁ বাৰ বছৰ চলচ্চিত্ৰ জগতৰ পৰা আঁতৰি থাকে। কোৱা হয় যে বিয়াৰ পিছত তেওঁ অভিনয়ৰ ক্ষেত্ৰত অলিখিত নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল। অৱশ্যে তেওঁ এবাৰ কৈছিল, তেওঁ সদায়ে অভিনয়ক গৌণস্থানত ৰাখিছিল। ১৯৮২ চনৰ এপ্ৰিল মাহত তেওঁ ৰাজেশ খান্নাৰ ওচৰৰ পৰা আঁতৰি আহে। স্বামীগৃহ ত্যাগ কৰি দুই কন্যাক লৈ তেওঁ দেউতাকৰ ঘৰলৈ গুছি আহে। ইয়াৰ দুই বছৰ পিছত তেওঁ পুনৰ অভিনয় জীৱন আৰম্ভ কৰে। ১৯৮৫ চনত তেওঁ ইণ্ডিয়া টুডেক দিয়া এটা সাক্ষাৎকাৰত তেওঁৰ অসুখী বৈবাহিক জীৱনৰ অভিজ্ঞতা সম্পৰ্কে বৰ্ণনা দিছিল। অৱশ্যে ২০১০ চনত প্ৰতিবেদক দিনেশ ৰাজেহাই মন্তব্য কৰে যে দুয়োৰো মাজৰ তিক্ততাপূৰ্ণ সম্পৰ্কটো চকুত ধুলি দিয়াৰ দৰেই। তেওঁলোকক একেলগে পাৰ্টীত দেখা গৈছিল। ১৯৯০ চনত ৰাজেশৰ নিৰ্বাচনী প্ৰচাৰত ডিম্পলে অংশ লৈছিল। আনকি ৰাজেশৰ জয় শিৱ শংকৰ ছবিতো তেওঁ অভিনয় কৰিছিল। ফিল্মফেয়াৰ বঁটা বিতৰণী অনুষ্ঠানত আকৌ বিয়াত বহা সম্পৰ্কত তেওঁ জনায়, “বৰ্তমান অৱস্থাতে মই সুখীষ কিয় মই আকৌ এবাৰ বিবাহবন্ধনত আবদ্ধ হম? এবাৰতে যথেষ্ঠ হৈছে।” তেওঁৰ জীয়ৰী দুজনীয়েও অভিনয় জীৱন আকোৱালী লৈছে। জ্যেষ্ঠা কন্যা টুইংকল বিশিষ্ট অভিনেতা অক্ষয় কুমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। কৰ্মজীৱন অভিষেক ডিম্পলে এবাৰ কৈছিল যে শৈশৱৰে পৰা তেওঁ চলচ্চিত্ৰাভিনেত্ৰী হোৱাৰ সপোন দেখিছিল। তেৰ বছৰ বয়সত তেওঁ ৰাজ কাপুৰৰ দৃষ্টিত পৰে। ১৯৭৩ চনত আবেগমধুৰ ছবি ববীৰ যোগেদি তেওঁৰ চলচ্চিত্ৰাভিষেক ঘটে। ইয়াত তেওঁ ঋষি কাপুৰৰ বিপৰীতে অভিনয় কৰিছিল। ববী এখন ব্যৱসায় সফল ছবি, যিয়ে ব্যাপক আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। এই ছবিখনৰ যোগেদি তেওঁ জয়া ভাদুৰীৰ সৈতে যৌথভাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ছবিখনে সফলতা পোৱাৰ পিছত সেই সময়ৰ তৰুণীবোৰৰ ফেচনত ডিম্পলৰ চুলিৰ ষ্টাইল আৰু ব্লাউজে ব্যপক প্ৰভাৱ পেলাইছিল। ২০০৮ চনত ৰেডিফ-ডট-কমে তেওঁক হিন্দী চলচ্চিত্ৰৰ ইতিহাসত সৰ্বকালৰ চতুৰ্থ শ্ৰেষ্ঠ অভিনেত্ৰী বুলি আখ্যা দিয়ে। প্ৰত্যাৱৰ্তন ১৯৮৪ চনত চলচ্চিত্ৰ জগতলৈ প্ৰত্যাৱৰ্তন কৰে। আৰম্ভণিতে তেওঁ যৌনতাৰ প্ৰতীক হিচাপে চিহ্নিত হৈছিল। পৰৱৰ্তী কালত যৌনতা সম্বলিত অভিনয় বাদ দি বহুমুখী অভিনয়ৰ দিশে অগ্ৰসৰ হয়। কাশ, দৃষ্টি, লেকিন, সাগৰ, ৰুদালী আদি ছবিত অভিনয় কৰি তেওঁ সুনাম কঢ়িয়ায়। ১৯৯৩ চনত মুক্তি পোৱা ৰুদালীৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ সমালোচকৰ বঁটা লাভ কৰে। ১৯৯৪ চনত মুক্তি পোৱা ক্ৰান্তিবীৰৰ বাবে তেওঁ শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী শিতানত তেওঁৰ চতুৰ্থটো ফিল্মফেয়াৰ বঁটা পায়। বঁটা ১৯৯২- শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: ৰুদালী ছবিৰ বাবে ১৯৭৪- শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা: ববী ছবিৰ বাবে ১৯৮৬- শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা: সাগৰ ছবিৰ বাবে ১৯৯৩- শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ সমালোচকৰ বঁটা: ৰুদালী ছবিৰ বাবে ১৯৯৫- শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা: ক্ৰান্তিবীৰ ছবিৰ বাবে তথ্য উৎস বাহ্যিক সংযোগ ভাৰতীয় অভিনেত্ৰী গুজৰাটী ব্যক্তি ফিল্মফেয়াৰ বঁটা বিজয়ী শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী তামিল চলচ্চিত্ৰৰ
34585
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A7%87%E0%A7%B0%E0%A6%BF%20%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%20%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8
নামেৰি ৰাষ্ট্ৰীয় উদ্যান
নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল অসমৰ শোণিতপুৰ জিলাত হিমালয়ৰ পাদদেশত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ই অৰুণাচল প্ৰদেশৰ পাকে ব্যাঘ্ৰ প্ৰকল্পৰ সীমান্তৱৰ্ত্তী এক উদ্যান আৰু এই দুয়োখনে মিলি প্ৰায় ১০০০ বৰ্গ কিমি অঞ্চল আগুৰি আছে। কাজিৰঙা তথা মানাহৰ পিছতে ঘোষিত এইখন অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান। মানাহৰ পিছতে নামেৰি, অসমৰ দ্বিতীয়খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল। ইতিহাস ১৭-১০-১৯৭৮ নামেৰিক সংৰক্ষিত বনাঞ্চল ঘোষণা ১৮-০৯-১৯৮৫ অভয়াৰণ্য ৰূপে স্বীকৃতি প্ৰদান (১৩৭ বৰ্গ কি:মি:) ২৭-০২-১৯৯৭ নামেৰি(২১২ বৰ্গ কিলোমিটাৰ)ক ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ প্ৰাৰম্ভিক অনুজ্ঞা প্ৰদান ০৯-০৯-১৯৯৮ নামেৰি(২০০ বৰ্গ কিলোমিটাৰ)ক ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ চূড়ান্ত অনুজ্ঞা প্ৰদান ০১-০৩-২০০০ নামেৰি (৩৪৪ বৰ্গ কিলোমিটাৰ)ক ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল হিচাপে ঘোষণা। ২০০ বৰ্গকিলোমিটাৰ, ১৪৪ বৰ্গকিলোমিটাৰ) নামৰ উৎস উদ্যানখনক ১৯৭৮ চনৰ ১৭ অক্টোবৰত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। ১৯৮৫ চনৰ ১৮ ছেপ্টেম্বৰত ন দুৱাৰ সংৰক্ষিত বনাঞ্চলৰ অংশ হিচাপে ১৩৭ বৰ্গ কিলোমিটাৰ এলেকাৰ সৈতে ইয়াক নামেৰী অভয়াৰণ্য হিচাপে স্থাপন কৰা হৈছিল। তেতিয়ালৈকে নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন লগিংৰ বাবে যথেষ্ট ব্যৱহাৰ কৰা হৈছিল। ১৯৯৮ চনৰ ১৫ নৱেম্বৰত যেতিয়া ইয়াক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল তেতিয়া আৰু ৭৫ কিলোমিটাৰ যোগ কৰা হৈছিল। অসমৰ জীয়া-ভৰলী নদী ব্ৰিটিছৰ সময়ৰ পৰাই সোণালী মাহচীৰ এংলিঙৰ বাবে বিখ্যাত আছিল। ২০১১ চনৰ পৰা এই টাইগাৰ ৰিজাৰ্ভত এংলিং আনুষ্ঠানিকভাৱে নিষিদ্ধ কৰা হৈছিল। ভৌগোলিক অৱস্থান নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ-পূবে অৰুণাচল প্ৰদেশৰ পাকে সংৰক্ষিত বনাঞ্চল তথা পাকে ব্যাঘ্ৰ প্ৰকল্প এই অঞ্চলৰ মাজেদি ব্ৰহ্মপুত্ৰৰ অন্যতম উপনদী জীয়াভৰলী বৈ গৈছে। তদুপৰি জীয়াভৰলীৰ উপনৈ দিজি দিনাই ),দইগুৰুং নামেৰি দিকৰাই ইত্যাদিও এই ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেদি বৈ গৈছে। তেজপুৰৰ শালনি বিমানবন্দৰৰ পৰা নামেৰি ৰাষ্ট্ৰীয় উদ্যানলৈ দূৰত্ব ৩৪ কিঃমিঃ। তেজপুৰ চহৰ, গুৱাহাটী, যোৰহাট তথা নগাঁৱৰ পৰা ইয়াৰ দুৰত্ব ক্ৰমান্বয়ে ৪০, ২২০, ২১৫ আৰু ১১০ কিলোমিটাৰ। জলবায়ু বনাঞ্চলৰ প্ৰকাৰ নামেৰীৰ বনাঞ্চল মূলত: ক্ৰান্তীয় চিৰসেউজীয়া আৰু সেমেকা পৰ্ণপাতী বনাঞ্চল। তদুপৰি উদ্যানখনৰ প্ৰায় ১% ঘাঁহনিৰে পৰিপূৰ্ণ। অন্যান্য বনাঞ্চলৰ প্ৰকাৰসমূহ তলত উল্লেখ কৰা হৈছে- .2. 3/ 2.5.2 প্ৰাণীকুল নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাণীকুল বৈচিত্ৰ্যময়। ইয়াত দেখা পোৱা বিভিন্ন ধৰণৰ স্তন্যপায়ী প্ৰাণীসমূহ তলত উল্লেখ কৰা হৈছে- তদুপৰি নামেৰি ৰাষ্ট্ৰীয় উদ্যানত তিনিশৰো অধিক বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকিটি দেখিবলৈ পোৱা যায়। উল্লেখ্য যে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্তমানৰ বন সংমণ্ডল বিষয়া শ্ৰীযুত পঙ্কজ শৰ্মা আৰু চৰাই পৰ্যবেক্ষক শ্ৰীযুত মান বৰুৱাই ২০০৫ চনতে নামেৰীত ৩৭৪টা প্ৰজাতিৰ চৰাই বিজ্ঞানসন্মতভাৱে গণনা কৰি থৈ গৈছে। উল্লেখ্য যে শ্ৰীযুত পঙ্কজ শৰ্মা অসম বন সেৱাৰ ১৯৮৪ চনৰ বিষয়া লগতে অসমৰ এজন বিশিষ্ট পক্ষীবিদ। ইয়াৰে উল্লেখযোগ্য চৰাইৰ প্ৰজাতিসমূহ হ'ল- তদুপৰি এই ৰাষ্ট্ৰীয় উদ্যান বিভিন্ন প্ৰজাতিৰ সৰীসৃপ যেনে, ৰজা ফেঁটী, ফেঁটী সাপ, গোৱালা সাপ, অজগৰ, মছোৱা গোম, আদি প্ৰাণীও দেখিবলৈ পোৱা যায়। উদ্ভিদকুল নামেৰি ৰাষ্ট্ৰীয় উদ্যানত ছশৰো অধিক বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আছে বুলি জনা যায়। ইয়াৰে উল্লেখযোগ্য প্ৰজাতিসমূহ হ'ল- গমাৰী, তিতাচপা, আমাৰি, বগীপমা, লালীপমা, আজাৰ, উৰিয়াম, ভেলৌ, ভেলকৰ, ৰুদ্ৰাক্ষ, বনজলকীয়া, হাতীপয়লা, খকন, নাহৰ, এপিঠিয়া, পানী ভেৰ, বান্দৰডিমা আদি। তদুপৰি ইয়াত বিভিন্ন ৰং-বিৰঙী অৰ্কিড যেনে আদি পোৱা যায়। প্ৰশাসন নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল ক'ৰ এলেকাৰ প্ৰশাসন অসম বন আৰু পৰিৱেশ বিভাগৰ 'পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডলৰ ওপৰত' ন্যস্ত। এই বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াজনেই হ'ল নামেৰী ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক। ইয়াৰ দুটা ক'ৰ এলেকা ক্ৰমে নামেৰী ৰাষ্ট্ৰীয় উদ্যান (২০০ বৰ্গ কি: মি:) আৰু ছেটেলাইট ক'ৰ সোণাই- ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য (১২০ বৰ্গ কি:মি:) নামেৰী ৱাইল্ডলাইফ ৰেঞ্জ আৰু কালামাটি বন্যপ্ৰাণী ৰেঞ্জৰ নিয়ন্ত্ৰণাধীন। নামেৰী ব্যাঘ্ৰ প্ৰকল্পৰ দুটাকৈ বাফাৰ এলেকা ক্ৰমে বালিপাৰা সংৰক্ষিত বনাঞ্চলৰ ৬৪ বৰ্গ কি:মি:আৰু নদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ৮০ বৰ্গ কি:মি: ৰ প্ৰশাসন ন্যস্ত আছে ক্ৰমে পশ্চিম শোণিতপুৰ বন সংমণ্ডল আৰু পূব শোণিতপুৰ বন সংমণ্ডলৰ অধীনত। সংৰক্ষণ ব্যৱস্থা নামেৰীৰ জীৱকূলৰ সুৰক্ষাৰ কাৰণে অৰণ্যখনৰ বিস্তৃত এলেকা জুৰি কেইবাটাও বন- শিবিৰ আছে। সেই বন শিবিৰ সমূহৰ বনকৰ্মী সকলে দিনটোৰ চৌবিছ ঘণ্টাই পহৰাদাৰী বা টহলদাৰী কৰি অৰণ্যখনৰ চোৰাংচিকাৰী আৰু দুষ্কৃতিকাৰীৰ কাৰ্যকলাপ প্ৰতিহত কৰিবলৈ চেষ্টা কৰি আহিছে। পৰ্যটকৰ বাবে কৰ্ম পৰ্যটকসকলে ৰ জৰিয়তে আগতীয়াকৈ বা পোটাশালীস্থিত নামেৰী ৰেঞ্জ অফিচলৈ আহি কাউণ্টাৰ টিকট বুকিং কৰিব পাৰে। ৰাফটিং ৰাফটিং নামেৰিৰ অন্য এক আকৰ্ষণ। জীয়াভৰলীৰ দক্ষিণ-পূব অংশত উত্তাল ঢৌ ফালি ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ অভিজ্ঞতাৰ বাবেও পৰ্য্যটকৰ দল গোট খায়। এই ৰাফটিং প্ৰায় ১৩ কি:মি পৰ্যন্ত কৰিব পৰা যায়। ট্ৰেকিং তথা চৰাই নিৰীক্ষণ এই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ট্ৰেকিং কৰাৰ অভিজ্ঞতাও উল্লেখযোগ্য আকৰ্ষণ। দেশী- বিদেশী বহু পৰ্যটক নামেৰীলৈ চৰাই চাবলৈ আহে। ইয়াত ৩৭৪ বিধ চৰাই পোৱা যায়। এংলিঙ জীয়াভৰলী তথা ইয়াৰ উপনৈ সমূহেৰে পূৰ্ণ বাবে এই ৰাষ্ট্ৰীয় উদ্যানত এংলিঙ এসময়ত খু্বেই জনপ্ৰিয় আছিল। ইয়াত পোৱা (জোঙা পিঠিয়া) নামৰ ৩-৯ ফুট দৈৰ্ঘ্যৰ মাছৰ প্ৰজাতিয়েও এংলিঙৰ বাবে বহুতো পৰ্য্যটকক আকৰ্ষিত কৰিছিল। ২০১১ চনৰ পৰা ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সমস্যা নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মূল সমস্যা হৈছে দাঁতিকাষৰিয়া অঞ্চলৰ বেদখলকাৰী তথা কিছুমান গাঁৱৰ মানুহে অৰণ্যৰ ভিতৰচৰাত অবৈধভাৱে চোৰাং চিকাৰৰ লক্ষ্যৰে প্ৰৱেশ কৰি জীৱ- জন্তুসমূহৰ ক্ষতিসাধন কৰিবলৈ চেষ্টা কৰে। তদুপৰি এই অঞ্চলৰ বাফাৰ এলেকাত কিছুমান দুষ্কৃতিকাৰীয়ে শিল- বালি আদি অবৈধভাৱে সংগ্ৰহ কৰি বন্যজীৱ কূলৰ বাসভূমিৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰি আহিছে। এইক্ষেত্ৰত এই অৰণ্যখন সুৰক্ষা দিয়াত চৰকাৰে অসমৰ আন আন ৰাষ্ট্ৰীয় উদ্যানৰ দৰে নামেৰীকো উন্নত সা- সুবিধা প্ৰদান কৰি এনেধৰণৰ কাৰ্য- কলাপ প্ৰতিহত কৰিবলৈ ব্যৱস্থা ল'ব পাৰে। লগতে বনাঞ্চলৰ দাঁতি কাষৰীয়া অঞ্চলত জন্তু আৰু মানুহৰ সংঘাত, বেদখল আদি এই ৰাষ্ট্ৰীয় উদ্যানৰ আন কিছুমান সমস্যা। ভ্ৰমণৰ উপযুক্ত সময়ঃ বছৰটোৰ অক্টোবৰ মাহৰপৰা এপ্ৰিল মাহলৈকে উদ্যান খনৰ ভ্ৰমণৰ উপযুক্ত সময়। ৰাষ্ট্ৰীয় উদ্যানখনৰ সৈতে যোগাযোগৰ ঠিকনা— তথ্য-সংগ্ৰহ বাহ্যিক সংযোগ এনাজৰী ডট কমত নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য শোণিতপুৰ জিলাৰ
52843
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%20%E0%A6%B8%E0%A6%BF%E0%A6%82%E0%A6%B9
বিশ্ব সিংহ
বিশ্ব সিংহ (১৫১৫-১৫৪০) কমতা ৰাজ্য শাসন কৰা কোচ ৰাজবংশৰ আদি ৰজা। তেওঁ কোচ বংশীয় আছিল। কোচসকলৰ শাসক হাজোৰ নাতি আৰু হাড়িয়া মণ্ডলৰ পুত্ৰ বিশ্ব ই বাৰ ভূঞাসকলৰ বিৰুদ্ধে কেইবাটাও জনগোষ্ঠীক একত্ৰিত কৰিবলৈ সক্ষম হৈছিল। তেওঁ প্ৰতিষ্ঠা কৰা কমতা ৰাজ্যৰ অৱশেষ এতিয়াও আছে। কোচ ৰাজবংশৰ আৰম্ভণি ১২শ শতিকাত কামৰূপ ৰাজ্যৰ ভাঙোনৰ পাছত স্থানীয় শাসক আৰু জমিদাৰসকলে সৰু সৰু ৰাজ্য ভগাই লয়। একবাৰে পূবত চুতীয়া, আহোম আৰু কছাৰী ৰাজ্য ঠন ধৰি উঠে। পশ্চিম দিশে পূবৰ ৰাজ্যসমূহ আৰু কমতা ৰাজ্যৰ মাজত অংশত বাৰভূঞাসকলে থিতাপি লৈছিল। ১৪৯৮ চনত গৌড়ৰ ৰজা আলাউদ্দিন হুছেইন শ্বাহে কমতাৰ ৰজা নীলাম্বৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। কমতা অধিকাৰ কৰি তেওঁ পুতেক ডানিয়ালক চমজাই যায়। পাছত বাৰভূঞাসকলে হাৰূপ নাৰায়ণৰ নেতৃত্বত ডানিয়ালক পৰাস্ত কৰে। আক্ৰমণকাৰীসকলক ঘূৰাই পঠিয়ালেও বাৰভূঞাসকলে এখন ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম নহ'ল আৰু আগৰ দৰেই সৰু সৰু অঞ্চলত শাসন চলাই যায়। পাছৰ কালৰ বিশ্ব ই কমতা অঞ্চলৰ আন জনগোষ্ঠীসমূহ একত্ৰিত কৰি ৰাজ্য স্থাপন কৰিবলৈ সমৰ্থ হয়। জন্ম আৰু পৰিয়াল বিশ্ব সিংহৰ দেউতাকৰ নাম হাড়িয়া মণ্ডল বা হাৰিয়া মেছ। তেওঁ কোচ নেতা কোচ হাজোৰ দুজনী জীয়েক হীৰা আৰু জীৰাক বিয়া পাতিছিল। হীৰাৰ ঔৰসতে বিশু বা বিশ্ব সিংহৰ জন্ম হয়। বিশোৱে খুব সম্ভৱ ডানিয়ালৰ বিৰুদ্ধে ভূঞাসকলৰ যুঁজত অংশ লৈছিল। ভূঞাসকলৰ লগত যুঁজ ১৫০৯ চন মানত বিশোৱে জনজাতীয় নেতাসকলক একগোট কৰাৰ অভিযান আৰম্ভ কৰিলে। দৰং, কৰাইবাৰী, আতিয়াবাৰী, কমতাবাৰী, বলৰামপুৰ আদি কেইখনমান জনজাতীয় অঞ্চলে তেওঁৰ লগত জোট হ'ল। এই অভিযানত তেওঁ ঔগুৰিৰ কুসুম ভূঞা, দীঘলা ভূঞা, কলিয়া ভূঞা, ঝাৰগাঁৱৰ কবিলাস ভূঞা, কৰ্ণপুৰ, ফুলগুৰি, বিজনী আৰু শেষত পাণ্ডুনাথৰ (গুৱাহাটীৰ পাণ্ডু) ভূঞাক পৰাস্ত কৰিছিল। কৰ্ণপুৰৰ ভূঞাৰ বিৰুদ্ধে অভিযান অতি কঠিন সাব্যস্ত হৈছিল। এই অভিযানে বান্দুকা আৰু সজলাগ্ৰামৰ দৰে ঠাইৰ ভূঞাসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰিছিল। কমতাপুৰত ভূঞাসকলক পৰাস্ত কৰি বিশোৱে তেওঁৰ কৰ্মস্থলী চিকণাৰ পৰা কমতাপুৰলৈ (বৰ্তমানৰ কোচবিহাৰ নগৰৰ কেইমাইলমান দক্ষিণ-পূবে) তুলি নিলে আৰু নিজকে কমতা ৰাজ্যৰ শাসক বুলি ঘোষণা কৰিলে। তেওঁ বিশ্ব সিংহ বুলি হিন্দু নাম গ্ৰহণ কৰে। এইদৰে ১৫১৫ চনত কমতাৰ কোচ ৰাজবংশৰ সূত্ৰপাত হয়। তেওঁ ভায়েক শিশুক (শিষ্য সিংহ) যুৱৰাজ ঘোষণা কৰে। পাছলৈ শিশুৰ সতি-সন্ততি জলপাইগুৰিৰ ৰাইকূট ৰজা হয়। ভূঞাৰ বিৰুদ্ধে অভিযানত সহায় কৰা জনজাতীয় নেতাসমূহৰ মাজৰ পৰা তেওঁ কাৰ্জি নামৰ বাৰজন মন্ত্ৰীৰ পদৰ সৃষ্টি কৰিলে। ইয়াৰে দুজন কাৰ্জি আৰু যুৱৰাজ মিলি মন্ত্ৰীসভা গঠন কৰে। সেনাবাহিনীৰ নায়ক হিচাপে সেনাপতি পদৰ সৃষ্টি কৰা হ'ল। এটা লোকপিয়লৰ পাছত তেওঁ প্ৰজাৰ সুনিয়ন্ত্ৰণৰ বাবে বিভিন্ন পদবীৰ সৃষ্টি কৰিলে। সুস্থ-সবল পুৰুষসকলক পাইক বোলা হৈছিল, তাৰ ওপৰত আছিল ঠাকুৰীয়া (২০ জন পাইকৰ ওপৰত), শইকীয়া (১০০ জন পাইকৰ ওপৰত), হাজাৰী (১০০০ জন পাইকৰ ওপৰত), ওমৰা (৩০০০ জন পাইকৰ ওপৰত) আৰু নৱাব (৬৬,০০০ জন পাইকৰ ওপৰত)। জনজাতীয় লোকসকলক কাৰ্জি হিচাপে নিযুক্ত কৰি বিশ্ব ই তেওঁলোকৰ লগত সম্পৰ্ক অব্যাহত ৰাখিলে। নিযুক্ত কৰা একমাত্ৰ ব্ৰাহ্মণ আছিল ৰাজ পুৰোহিত। বিশ্ব ই বিবাহৰ যোগেদি আন ৰজা আৰু নেতাসকলৰ লগত সম্পৰ্ক স্থাপন কৰিছিল। নেপাল, গৌড়, কামৰূপ, বাৰাণসী, মিথিলা আৰু কাশ্মীৰৰ পৰা তেওঁৰ ওঠৰগৰাকী পত্নী আছিল আৰু তেওঁলোকৰ পৰা ওঠৰজন পুত্ৰ লাভ কৰিছিল। পুত্ৰসকলকো প্ৰশাসনিক দায়িত্ব দিয়া হৈছিল। নৰ সিংহক (নেপালৰ ৰত্নকান্তিৰ পুত্ৰ) ভূটানৰ ৰজাৰ পৰা জয় কৰা অঞ্চলৰ দায়িত্ব দিছিল। গৌড়ৰ হেমপ্ৰভাৰ পুত্ৰ মল্লদেৱ (পাছলৈ নৰনাৰায়ণ) উত্তৰাধিকাৰী আছিল। গৌড়ৰ পদ্মাৱতীৰ পুত্ৰ শুক্লধ্বজ (পাছলৈ চিলাৰায়), কামৰূপৰ চন্দ্ৰকান্তিৰ পুত্ৰ গোহাঁই কমল আদি ৰাজহুৱা কামৰ দায়িত্বত আছিল আদি। প্ৰাবৰ ৰাজ্য কমতা ৰাজ্য স্থাপন কৰিলেও প্ৰশাসন ইমান সবল নাছিল। গৌড়ৰ শাসকে ব্ৰহ্মপুত্ৰ উপত্যকা জয় কৰাৰ মনোভাৱ পুহি ৰাখিছিল আৰু আহোম ৰাজ্যৰ লগত প্ৰায়েই সংঘাত হৈছিল। ১৫৩২-৩৩ চনত আহোম ৰাজ্য আক্ৰমণ কৰা তুৰ্বক খুব সম্ভৱ কমতা ৰাজ্যৰ মাজেদিয়েই গৈছিল। তুৰ্বল পৰাস্ত হ'ল আৰু তেওঁৰ সেনাবাহিনীক আহোম সেনাপতি টংখাম বুঢ়াগোহাঁয়ে কমতা ৰাজ্যৰ পশ্চিম সীমা কৰতোৱা নদীলৈকে খেদি যায়। এই যুদ্ধৰ শেষত টংখাম বুঢ়াগোহাঁয়ে বিশ্ব সিংহক কমতা ৰাজ্য চমজাই আহোম ৰাজ্য আৰু গৌড়ৰ মাজত প্ৰাবৰ ৰাজ্য হিচাপে থাকিবলৈ দিয়ে। বিশ্ব ই আহোমৰ কৰতলীয়া হৈ থাকিব নিবিচাৰি ১৫৩৭ চনত আহোম ৰাজ্য আক্ৰমণৰ মন মেলে। ৰছদ-পাতিৰ অভাৱ হোৱাত তেওঁ এই মনোভাৱ সামৰি আহোম ৰাজসভালৈ যায় আৰু বছৰি কৰ-কাতল দিবলৈ হাত লয়। এই কথা তেওঁৰ বাবে অসহনীয় আছিল আৰু মৃত্যুশৰ্যাত উত্তৰাধিকাৰীক তেওঁ কৰতলীয়া ৰাজ্যৰ চেকা আঁতৰাবলৈ কৈ যায়। তেওঁ সৌমাৰপীঠৰ ৰাজ্য [[বিজনী, বিদ্যাগ্ৰাম আৰু বিজয়পুৰ আক্ৰমণ কৰি জয়ী হৈছিল। ইয়াৰ পাছত তেওঁ ভূটান আক্ৰমণ কৰি জয়ী হয় আৰু এখন চুক্তি কৰে। হুছেইন শ্বাহে শাসন কৰা গৌড়ৰো কিছু অংশ তেওঁ জয় কৰিছিল। তেওঁৰ ৰাজত্বকালত তুৰুক খান আৰু গৌড়ৰ ৰজা নুছৰত শ্বাহকে ধৰি মুছলমানসকলে কেইবাবাৰো আক্ৰমণ কৰিছিল আৰু কোচসকলৰ হাতত পৰাস্ত হৈছিল। বিশ্ব সিংহ এজন ভাল ৰাজ্যশাসকো আছিল। বিদ্যাৰ প্ৰতি অনুৰাগী ৰজাই পুত্ৰ নৰনাৰায়ণ আৰু শুক্লধ্বজক বাৰাণসীলৈ শিক্ষাৰ বাবে পঠিয়াইছিল। কনৌজ, মিথিলা আদিৰ পৰা তেওঁ পুৰোহিত আনি কেইবাটাও মন্দিৰ স্থাপন কৰিছিল। ১৫৫৪ চনত ৫৩ বছৰ বয়সত তেওঁ দ্বিতীয় পুত্ৰ নৰনাৰায়ণক ৰাজ্য গটাই হিমালয়লৈ নিৰ্বাসন লয়। টোকা তথ্যসূত্ৰ কোচ
43184
https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A6%BE%E0%A6%87%E0%A6%95%E0%A6%BE
লাইকা
লাইকা (১৯৫৪ ১৯৫৭) এটি ৰুছ কুকুৰ তথা পৃথিৱীৰ প্ৰথম মহাকাশচাৰী। ই পৃথিৱীৰ প্ৰথম জীৱ হিচাপে পৃথিৱীৰ কক্ষপথ পৰিভ্ৰমণৰ সৌভাগ্য অৰ্জন কৰিছিল। ১৯৫৭ চনৰ ৩ নৱেম্বৰত উৎক্ষেপণ কৰা ছোভিয়েট মহাকাশযান স্পুটনিক ২ ত উঠি লাইকায়ে মহাকাশ ভ্ৰমণ কৰিছিল। লাইকাৰ লগে লগে আন দুটা কুকুৰক এই মহা অভিযানৰ বাবে প্ৰশিক্ষণ দিয়া হৈছিল। শেষলৈ লাইকাই নিৰ্বাচিত হয়। লাইকাৰ মূল নাম "কুদৰিয়াভকা" আৰু ই এটা মাইকী কুকুৰ। অত্যধিক চাপ আৰু তাপমাত্ৰা বৃদ্ধিৰ কাৰণে উৎক্ষেপণৰ কেইঘণ্টা মানৰ পিছতেই লাইকাৰ মৃত্যু হৈছিল। তাপ নিয়ন্ত্ৰণ ব্যৱস্থাত বিজুতি হোৱাৰ বাবে এনে ধাৰণা কৰা হয়। এই মহাকাশ অভিযানৰ বহু বছৰ পিছত লাইকাৰ মৃত্যুৰ প্ৰকৃত কাৰণ ৰাজহুৱা কৰা হৈছিল। লাইকাৰ মহাকাশ ভ্ৰমণে প্ৰমাণিত হয় যে, পৃথিৱীৰ কক্ষপথত উৎক্ষেপিত মহাকাশযানত ওজনহীন থকা সত্ত্বেও যাত্ৰীৰ পক্ষে বাচি থকা সম্ভৱ। ইয়াৰ পৰা মনুষ্যবাহী মহাকাশযান প্ৰকল্পৰ দিশ সূচনা হয়। কোনো জীৱৰ ওপৰত মহাকাশৰ পৰিৱেশৰ প্ৰভাৱ কেনেধৰণৰ হয় সেয়াও লাইকাৰ মাধ্যমত জনা গৈছিল। ২০০৮ চনৰ ১১ এপ্ৰিলত ৰুছ চৰকাৰে লাইকাৰ সন্মানৰ অৰ্থে এক স্মৃতিসৌধ স্থাপন কৰিছে। মস্কোৰ এক সামৰিক গৱেষণা প্ৰতিষ্ঠানৰ ওচৰত এই স্মৃতিসৌধ অৱস্থিত। এই প্ৰতিষ্ঠানত মহাকাশত লাইকাৰ অভিযানৰ সকলো পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল। ৰকেটৰ ওপৰত এটি কুকুৰ ৰৈ থকা আৰ্হিত এই সৌধ নিৰ্মাণ কৰা হৈছে। লাইকাৰ অভিযান যেতিয়া উৎক্ষেপণ কৰা হৈছিল তেতিয়া জীৱৰ ওপৰত মহাকাশৰ প্ৰভাৱ সম্পৰ্কে জনা সম্ভৱ নাছিল। সেই কাৰণে বহুতে কৈছিল যে, কোনো জীৱৰ পক্ষে মহাকাশলৈ গৈ বাচি থকা সম্ভৱ নহয়। কিন্তু তেতিয়াৰ পৰায়ে ৰুছসকলে কুকুৰক মহাকাশলৈ প্ৰেৰণ কৰি মনুষ্যবাহী মহাকাশ অভিযানৰ সপোন দেখিছিল। স্পুটনিক ২ স্পুটনিক ১ ৰ সফল অভিযানৰ পিছত ৰুছ নেতা নিকিতা খ্ৰোশছেভয়ে ৭ নৱেম্বৰত বলশেভিক বিপ্লৱৰ ৪০তম বৰ্ষপূৰ্তি উপলক্ষ্যে দ্বিতীয় এক মহাকাশ অভিযানৰ ইচ্ছা ব্যক্ত কৰে। আগৰটোতকৈ বহুত সৰু এটি উপগ্ৰহৰ নিৰ্মাণ কাম ইতোমধ্যে আৰম্ভ হৈছিল। কিন্তু এই উপগ্ৰহৰ নিৰ্মাণ কাম ডিচেম্বৰৰ আগতে শেষ হোৱাৰ সম্ভাৱনা নথকাৰ বাবে স্পুটনিক ২ অভিযানৰ আৰম্ভ কৰা হয়। স্পুটনিক ৩ ৰ মাধ্যমে এই উপগ্ৰহ কক্ষপথত প্ৰেৰণ কৰা হয়। নৱেম্বৰৰ সময়সীমাৰ ভিতৰত শেষ কৰাৰ বাবে অপেক্ষাকৃত সাধাৰণ ও নিম্নমানৰ এটি আৰ্হি বনাব লগীয়া হৈছিল। ৰুছ বিজ্ঞানী সকলে পিছত ৰাজহুৱা কৰে যে অক্টোবৰৰ ১০ বা ১২ তাৰিখে এই অভিযানৰ সিদ্ধান্ত লোৱা হৈছিল। অৰ্থাৎ মহাকাশযান তৈয়াৰৰ বাবে তেওঁলোকে সময় পাইছিল মাত্ৰ ৪ সপ্তাহ। এই কাৰণে স্পুটনিক ২ অতি নিম্ন মানৰ আৰু অপৰীক্ষিত যন্ত্ৰপাতিৰে তৈয়াৰ কৰা হৈছিল। তদুপৰি জীৱন্ত যাত্ৰীক পঠোৱা বাবে ইয়াৰ লগত সৌৰ বিকিৰণ আৰু মহাজাগতিক ৰশ্মি পৰিমাপৰ ব্যৱস্থা সংযুক্ত কৰা হৈছিল। মহাকাশযান খনত জীৱন ধাৰণৰ উপযোগী পৰিৱেশ সৃষ্টি কৰা হৈছিল। ইয়াত এটি অক্সিজেন উৎপাদক আৰু অক্সিজেনক বিষাক্ত হৈ যোৱাৰ পৰা ৰক্ষা আৰু কাৰ্বন ডাই অক্সাইড শোষণৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি আছিল। এটি পাংখা আছিল যি কেবিনৰ তাপমাত্ৰা ১৫° চেলচিয়াছতকৈ বেছি হলেই সক্ৰিয় উঠে আৰু কুকুৰটোৰ সহনীয় তাপমাত্ৰা বজায় ৰাখে। ৭ দিন বাচি থকাৰ বাবে প্ৰয়োজনীয় খাদ্য জেলাটিন হিচাপে সৰবৰাহ কৰা হৈছিল। কুকুৰটোৰ আৱৰ্জনা সংগ্ৰহৰ বাবে এখন বেগৰ লগত সংযুক্ত কৰা হৈছিল। উঠি থিয় হোৱা, খোজকঢ়া বা শোৱাৰ বাবে লাইকা যাতে বেছি লৰচৰ কৰিব নোৱাৰে তাৰ বাবে শিকলিৰে বান্ধি থোৱা হৈছিল। কুকুৰটোক এটি বিশেষ ধৰণৰ মহাকাশচাৰীৰ পোছাক পিন্ধোৱা হৈছিল। তাৰ হৃদযন্ত্ৰৰ চ নিৰ্ণয়ৰ বাবে এটি ইলেক্ট্ৰকাৰ্ডিঅগ্ৰাম আছিল। তাৰ উপৰিও শ্বসনৰ হাৰ, সৰ্বোচ্চ ধমনী চাপ আৰু কুকুৰটোৰ চলাচল চিহ্নিত কৰাৰ উপযোগী যন্ত্ৰপাতিও আছিল। প্ৰশিক্ষণ আৰু অভিযান কুকুৰটোৰ নাম প্ৰথম লাইকা নাছিল। মস্কোৰ ৰাস্তাত ঘূৰি ফুৰা এটা অঘৰী কুকুৰ আছিল। এই মাইকী মনগ্ৰেল কুকুৰটো যেতিয়া পোৱা গৈছিল তেতিয়া ইয়াৰ বয়স আছিল প্ৰায় ৩ বছৰ আৰু ভৰ আছিল প্ৰায় ৬ কেজি (১৩ পাউণ্ড)। ৰুছ বিজ্ঞানী সকলে ইয়াক কেইবাটাও নাম দিছিল তাৰে ভিতৰত: 'ৰ ৰুছ নাম), 'ৰ ৰুছ নাম) আৰু 'ৰ ৰুছ নাম)। লাইকা নামটিই পৃথিৱীৰ সৰ্বত্ৰ জনপ্ৰিয় হৈ উঠে। কুকুৰৰ কেইবাটাও প্ৰজাতিৰ ৰুছ নাম আছিল লাইকা। ৰাস্তাৰ অঘৰী কুকুৰক চয়ন কৰাৰ মূল উদ্দেশ্য আছিল যে এনে কুকুৰে প্ৰচণ্ড শীত সহ্য কৰিব পাৰে আৰু কেইবাদিনো নোখোৱাকৈ থাকিব পাৰে। আমেৰিকানসকলে স্পুটনিকৰ শব্দ-কৌতুক হিচাপে লাইকাৰ নাম মুটনিক দিছিল। অৱশ্য বহু আমেৰিকানে লাইকাক কেৱল কাৰ্লি নামে মাতিছিল। লাইকাৰ কুলপৰিচয় সঠিকভাবে জনা নাযায়। সাধাৰণতে ধাৰণা কৰা হয়, যে ই হাস্কিৰ নিচিনা একপ্ৰকাৰৰ অন্যান্য নৰডীক প্ৰজাতিৰ পৰা আহিছে। হাস্কিৰ লগত টেৰিয়াৰেৰ অলপ সমন্বয় লক্ষ্য কৰা যায়। ইয়াৰ আগতে যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া কেৱল অৰ্ধ-কক্ষীয় (চাব-অৰবিটেল) অভিযান সমূহত প্ৰাণী পঠিয়াইছিল। স্পুটনিক ২ ৰ বাবে আন তিনটা কুকুৰক প্ৰশিক্ষণ দিয়া হৈছিল। সিহঁতৰ নাম আলবিনা, মুছকা আৰু লাইকা। ৰুছ মহাকাশ-জীৱন বিজ্ঞানী অলেগ গেজেনক'য়ে লাইকাক নিৰ্বাচন কৰে আৰু তাক প্ৰশিক্ষণ দিয়ে। আলবিনা দুটি অধিক উচ্চতাৰ পৰীক্ষণমূলক ৰকেট উৎক্ষেপণৰ অংশ আছিল। মুছকাক যন্ত্ৰপাতিৰ কৰ্মক্ষমতা আৰু জীৱন ধাৰণৰ উপযোগী পৰিৱেশ নিশ্চিতকৰণত ব্যৱহৃত হৈছিল। স্পুটনিক ২ ৰ কেবিন খুব সৰু আছিল। ইমান সৰু ঠাইত থাকিবলৈ কুকুৰ কেইটাক অভ্যস্ত কৰাৰ বাবে প্ৰায় ২০ দিন পৰ্যন্ত সিহঁতক ইয়াতকৈ সৰু কক্ষত ৰখা হৈছিল। ইমান সৰু ঘৰত থকাৰ কাৰণে সিহঁতৰ মল-মূত্ৰ ত্যাগ বন্ধ হৈ গৈছিল, বিশ্ৰামত ব্যঘাত ঘটাৰ বাবে সিহঁতৰ অৱস্থা স্বাভাৱিকৰ তুলনাত যথেষ্ট বেয়া হৈ গৈছিল। মল নৰম কৰিবৰ বাবে লেক্সাটিভ ব্যৱহাৰ কৰিও কোনো সুফল পোৱা নগৈছিল। গৱেষক সকলে বুজিলে যে অনেক দিনৰ নিয়মিত প্ৰশিক্ষণৰ বাদে কোনো গত্যন্তৰ নাই। কুকুৰ কেইটাক এটি চেন্ত্ৰীফিউজত ৰখা হৈছিল যাতে ষ্টিমুলেছনৰ মাধ্যমত ৰকেট উৎক্ষেপণৰ সময়ৰ ত্বৰিত পৰিৱেশ সৃষ্টি হয়। তাৰ উপৰি মহাকাশযানৰ শব্দৰ ষ্টিমুলেছন কৰা এটি যন্ত্ৰৰ মাধ্যমেও সিহঁতক প্ৰশিক্ষণ দিয়া হৈছিল। ইয়াত সিহঁতৰ কম্পনৰ হাৰ দ্বিগুণ হৈ গৈছিল আৰু চাপ ৩০-৬৫ টৰ পৰ্যন্ত বাঢ়ি গৈছিল। সিহঁতক এক প্ৰকাৰৰ পুষ্টিকৰ জেল খাবলৈ দিয়া হৈছিল। মহাকাশত এই জেলকে সিহঁতৰ খাদ্য হিচাপে নিৰ্ধাৰণ কৰা হৈছিল। উৎক্ষেপণ স্থলীলৈ লৈ যোৱাৰ আগতে এজন বিজ্ঞানীয়ে লাইকাক তেওঁৰ লগত নিজৰ ঘৰলৈ লৈ যায়। ছোভিয়েট মহাকাশ অভিযানৰ বিষয়ে লিখা এটি কালপঞ্জিমূলক গ্ৰন্থত ড॰ ভ্লাদিমিৰ স্কিয়ে লিখিছে, "মই তাইৰ বাবে সুন্দৰ কিছু কৰিব বিচাৰিছিলোঁ কাৰণ তাইৰ আয়ু খুব কম আছিল। নাছাৰ এটি দলিলত উল্লেখ কৰা হৈছে, ১৯৫৭ চনৰ ৩১ অক্টোবৰ অৰ্থাৎ উৎক্ষেপণৰ ৩ দিন পূৰ্বেই লাইকাক কৃত্ৰিম উপগ্ৰহটোৰ ভিতৰত স্থাপন কৰা হৈছিল। উৎক্ষেপণৰ দিনা তাত প্ৰচণ্ড শীত পৰিছিল। এই কাৰণে এটি নমনীয় নলীৰ সহায়ত তাৰ ভিতৰত গৰম পানী প্ৰৱাহিত কৰাৰ মাধ্যমত লাইকাৰ ধাৰকটোক গৰম ৰখা হৈছিল। উৎক্ষেপণৰ ঠিক আগে আগে লাইকাক সকলো সময়তে পৰ্যবেক্ষণ কৰাৰ বাবে দুজন সহকাৰী নিয়োগ কৰা হৈছিল। বহিঃসংযোগ স্পুটনিক অভিযানৰ ইতিহাস স্পুটনিক ২ নিউয়ৰ্ক টাইমছৰ প্ৰচ্ছেদ প্ৰবন্ধ ৩ নৱেম্বৰ, ১৯৫৭ লাইকাৰ স্মৃতিত মূৰ্তি উন্মোচন মহাকাশচাৰী কুকুৰ বিখ্যাত
39770
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A7%81%E0%A6%AE%E0%A7%8D%E0%A6%AD%20%E0%A6%AE%E0%A7%87%E0%A6%B2%E0%A6%BE
কুম্ভ মেলা
কুম্ভ মেলা হ'ল এক বৃহৎ হিন্দু ধৰ্মীয় সন্মিলন। ইয়াত হিন্দু ধৰ্মীয় লোকসকলে পবিত্ৰ নদীত স্নান কৰিবলৈ সমবেত হয়। ইয়াক পৃথিৱীৰ সৰ্ববৃহৎ শান্তিপূৰ্ণ সমদল বুলি গণ্য কৰা হয়। উল্লেখযোগ্য যে ২০১৩ চনত এলাহাবাদত হোৱা মহা কুম্ভ মেলাত প্ৰায় ১০০ মিলিয়ন লোক সমবেত হৈছিল। কুম্ভ মেলা অনুষ্ঠিত হোৱা চাৰিখন ঠাইৰ প্ৰতিখনত বৃত্তীয় ক্ৰম অনুসৰি প্ৰতি তিনিবছৰৰ মূৰত অৰ্থাৎ একোখন ঠাইত ১২ বছৰৰ মূৰে মূৰে এই মেলা অনুষ্ঠিত হয়। এই ঠাইকেইখন হ'ল হৰিদ্বাৰ, এলাহাবাদ(প্ৰয়াগ), নাচিক আৰু উজ্জয়িনী। অৰ্ধ কুম্ভ মেলা ৬ বছৰৰ মূৰে মূৰে কেৱল দুঠাইত, হৰিদ্বাৰ আৰু এলাহাবাদত, অনুষ্ঠিত হয়। এই ঠাইকেইখনত থকা পবিত্ৰ নৈ কেইখন হ'ল ক্ৰমে হৰিদ্বাৰত গংগা, এলাহাবাদত গংগা, যমুনা আৰু সৰস্বতীৰ সংগম, নাচিকত গোদাবৰী আৰু উজ্জিয়িনীত সংস্কৃত তথা আন ভাৰতীয় ভাষা সমূহত কুম্ভ(বা কুম্ভা) শব্দৰ অৰ্থ হ'ল কলহ বা মাটিৰ পাত্ৰ। এই চাৰিখন ঠাইত দেৱতা সকলে সমুদ্ৰ মন্থনৰ পিছত কঢ়িয়াই অনা অমৃতৰ কলহৰ পৰা অমৃত বাগৰি পৰিছিল বুলি হিন্দু ধৰ্মত বিশ্বাস কৰা হয়। এই মেলা প্ৰায় ডেৰমহীয়াকৈ অনুষ্ঠিত হয়। কুম্ভ মেলাত এই নদীকেইখনত স্নান কৰিলে পাপ মুক্ত হয় বুলি বিশ্বাস কৰা হয়। ইতিহাস কুম্ভ মেলাৰ বিষয়ে লিখিত সমল চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ লিখনিত পোৱা যায়। তেওঁ হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত ভাৰত ভ্ৰমণ কৰিছিল(৬২৯-৬৪৫ খ্ৰীষ্টাব্দ) হিন্দু দৰ্শনৰ মতে ইয়াৰ গুৰিৰ বিষয়ে ভাগৱৎ পুৰাণত পোৱা যায়। সমুদ্ৰ মন্থনৰ কাহিনীটো ভাগৱৎ পুৰাণ, বিষ্ণু পুৰাণ, মহাভাৰত আৰু ৰামায়ণত উল্লেখ আছে। প্ৰবাদ মতে দেৱতা সকলে দুৰ্বাসা মুনিৰ অভিশাপত তেওঁলোকৰ শক্তি হেৰুৱাইছিল আৰু হেৰুওৱা শক্তি উদ্ধাৰৰ বাবে তেওঁলোকে ভগৱান ব্ৰহ্মা আৰু ভগৱান শিৱৰ ওচৰ চাপে। তেওঁলোকে দেৱতাসকলক ভগৱান বিষ্ণুৰ ওচৰলৈ পঠিয়ালে। বিষ্ণুৱে তেওঁলোকক খীৰ মন্থন কৰি অমৃত উলিয়াবলৈ উপদেশ দিলে। ইয়াৰ বাবে দেৱতা সকলে চিৰবৈৰী অসুৰ সকলৰ লগত একেলগে সমুদ্ৰ মন্থন কৰি অমৃত ওলালে সমভাগ কৰিম বুলি সন্ধি কৰিব লগা হ'ল। কিন্তু যেতিয়া অমৃতৰ পাত্ৰটো ওলাই পৰিল, তেতিয়া অমৃতৰ বাবে তেওঁলোকৰ মাজত যুদ্ধ হ'ল আৰু এই যুদ্ধ ১২ দিন আৰু ১২ ৰাতি চলিল(মানুহৰ বাবে ১২ বছৰ) এই যুদ্ধত ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধৰি অমৃতৰ পাত্ৰটো লৈ উৰি গৈছিল আৰু তেতিয়াই এই চাৰিখন ঠাইত অমৃতৰ টোপাল পৰিছিল। ঠাইসমূহ এলাহাবাদ(প্ৰয়াগ), হৰিদ্বাৰ, নাচিক আৰু উজ্জয়িনী এই চাৰিখন ঠাইৰ একোখনত ১২ বছৰৰ মূৰে মূৰে কুম্ভ মেলা অনষ্ঠিত হয়। কুম্ভ মেলা: এই চাৰিখন ঠাইত প্ৰতি তিনিবছৰত অনুষ্ঠিত হয়। অৰ্ধ কুম্ভ মেলা: হৰিদ্বাৰ আৰু প্ৰয়গত প্ৰতি ৬ বছৰত অনুষ্ঠিত হয়। পূৰ্ণ কুম্ভ মেলা: প্ৰয়াগত প্ৰতি ১২ বছৰত অনুষ্ঠিত হয়। মহা কুম্ভ মেলা: প্ৰয়াগত প্ৰতি ১৪৪ বছৰত অনুষ্ঠিত হয়। প্ৰয়াগ ত্ৰিৱেণী সংগম হ'ল গংগা, যমুনা আৰু সৰস্বতী নৈৰ মিলন থলী। হৰিদ্বাৰ গংগা নৈৰ পাৰত অৱস্থিত এখন চহৰ। নাচিক ইয়াত ১৪খন আছে। ইয়াৰে ১১খন শৈৱপন্থী সকলৰ(১১খন শৈৱ আখাড়াৰ ১০খন বৰ্তমান সক্ৰিয় হৈ আছে; বুদ্ধ আখাড়া নামেৰে এখন বৰ্তমান অসক্ৰিয়)। বাকী ৩খন আখাড়া বৈষ্ণৱপন্থী সকলৰ। নাচিকৰ পৰা ৩০ কি:মি: দূৰৈৰ ত্ৰিম্বাকেশ্বৰৰ নামৰ ঠাইত শৈৱ আখাড়া কেইখনে পৱিত্ৰ স্নানৰ কাৰ্য সমাপন কৰে। আনহাতে বৈষ্ণৱ আখাড়া কেইখনে তপোবনত থাকি ৰামাকুন্দৰ গোদাবৰীত ধৰ্মীয় কাৰ্যসমূহ সমাপন কৰে। বৈষ্ণৱ আখাড়া কেইখনত খালচা বুলি মহন্তই নেতৃত্ব দিয়া ধৰ্মীয় দল কিছুমান থাকে। ১৮৩৮ চনলৈ শৈৱ আৰু বৈষ্ণৱ সাধু উভয়ে ত্ৰিম্বাকেশ্বৰতে পবিত্ৰ স্নান কৰিছিল। কিন্তু উভয়ৰ মাজত হোৱা এক ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছত দুয়ো পন্থীকে ভাগ কৰি দিয়া হয়। উজ্জয়িনী উজ্জয়িনী নদীৰ পাৰত অৱস্থিত। পৰৱৰ্তী কুম্ভ মেলা সমূহ: পৰৱৰ্তী কুম্ভ মেলা নাচিকত গোদাবৰী নৈৰ পাৰত ২০১৫(১৫ আগষ্ট-১৩ ছেপ্তেম্বৰ) চনত অনুষ্ঠিত হ'ব। উজ্জয়িনীৰ কুম্ভ মেলাক 'সিংহস্থ' বুলিও কোৱা হয়( যিহেতু বৃহস্পতি সিংস ৰাশিত থাকে)। উজ্জয়িনী পূৰ্ণ কুম্ভ মেলা ২০১৬ সময় বৃহস্পতি গ্ৰহ আৰু সূৰ্যৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি কুম্ভ মেলা এই ঠাইকেইখনত অনুষ্ঠিত কৰা হয়। যেতিয়া বৃহস্পতি গ্ৰহ আৰু সূৰ্য সিংহ অৱস্থান কৰে, তেতিয়া নাচিকত; যেতিয়া সূৰ্য কুম্ভ অৱস্থান কৰে, তেতিয়া হৰিদ্বাৰত; যেতিয়া বৃহস্পতি বৃষ আৰু সূৰ্য মকৰ অৱস্থান কৰে, তেতিয়া প্ৰয়াগত; আৰু বৃহস্পতি আৰু সূৰ্য বৃশ্চিক অৱস্থান কৰিলে উজ্জয়িনীত এই মেলা অনুষ্ঠিত কৰা হয়। সূৰ্য, চন্দ্ৰ আৰু বৃহস্পতিৰ অৱস্থান অনুসৰি প্ৰতিখন ঠাইত অনুষ্ঠিত হ'বলগীয়া দিনবোৰ আগতীয়াকৈ গণনা কৰি উলিওৱা হয়। উপস্থিতি 1892 1903 400,000 1954 500 14 1998. 2001, 40 55 70 2007. 2001 30 70 14 2013 100 2013 ধৰ্মীয় ৰীতি-নীতি এই উৎসৱৰ মুখ্য ৰীতি হৈছে যিখন নগৰত কুম্ভমেলা হৈ আছে সেই নগৰৰ নদীত ধৰ্মীয় ৰীতি-নীতিৰ সৈতে সামূহিক স্নান নাচিকত গোদাৱৰী উজ্জয়িনীত শিপ্ৰা আৰু সংগম 75 দৰ্শন শেহতীয়া কুম্ভ মেলাসমূহ ২০০৪ ২০০৪ চনত উজ্জয়িনীত সিপ্ৰা নদীৰ পাৰত সিংহস্থ মেলা অনুষ্ঠিত হৈছিল। ২০০৭ প্ৰয়াগত হোৱা অৰ্ধ কুম্ভ মেলাত ৭০ মিলিয়নতকৈ অধিক লোক সমবেত হৈছিল। ২০১০ ২০১০ চনত হৰিদ্বাৰত পূৰ্ণ কুম্ভ মেলা মকৰ সংক্ৰান্তিৰ পৰা(১৪ জানুৱাৰী ২০১০) (২৮ এপ্ৰিল ২০১০) লৈ অনুষ্ঠিত হৈছিল। লাখ লাখ ভক্ত সমৱেত হৈছিল এই মেলাত। ১৪ এপ্ৰিল ২০১০ ৰ দিনাই অকল ১০ মিলিয়ন লোকে গংগাত স্নান কৰিছিল। এপ্ৰিলৰ মাজভাগলৈ প্ৰায় ৪০ মিলিয়ন লোকে স্নান কৰিছিল। শ শ বিদেশী পৰ্যটকেও ভিৰ কৰিছিল পৃথিৱীৰ এই সৰ্ববৃহৎ মানৱ সমদলত। ভক্ত সকলৰ সুবিধাৰ্থে ভাৰতীয় ৰেলে ভালেসংখ্যক বিশেষ ৰেলৰ ব্যৱস্থা কৰিছিল। পাঁচজন লোকৰ ভিৰত হেঁচা-ঠেলাত মৃত্যু হৈছিল। ২০১৩ ২০১৩ চনত এলাহবাদত ১৪ জনুৱাৰীৰ পৰা ১০ মাৰ্চলৈ মহা কুম্ভ মেলা অনুষ্ঠিত হয়। প্ৰায় ৩০ মিলিয়ন লোক ১০ ফেব্ৰুৱাৰীৰ দিন সমৱেত হৈছিল। মেলাৰ ৫৫ দিনত প্ৰায় ১০০ মিলিয়ন লোকে ভিৰ কৰিছিল। ১০ ফেব্ৰুৱাৰীৰ দিনাখন ৰেল ষ্টেচনত এটা দুৰ্ঘটনাত ৩৬ জন লোক নিহত হয় আৰু ৩৯ জন আহত হয়। গুৰুত্বপূৰ্ণ দিনসমূহৰ বৰ্ণনা তলত দিয়া হ'ল: ১৪ জানুৱাৰী ২০১৩ (সোমবাৰ) -মকৰ সংক্ৰান্তি ২৭ জানুৱাৰী ২০১৩ (ৰবিবাৰ) পৌষ পুৰ্ণিমা ৬ ফেব্ৰুৱাৰী ২০১৩ (বুধ্বাৰ) একাদশী স্নান ১০ ফেব্ৰুৱাৰী ২০১৩ (ৰবিবাৰ) মৌনি অমাৱস্যা স্নান (মুখ্য স্নানৰ দিন) ১৫ ফেব্ৰুৱাৰী ২০১৩ (শুক্ৰবাৰ) বসন্ত পঞ্চমী স্নান ১৭ ফেব্ৰুৱাৰী ২০১৩ (ৰবিবাৰ) ৰথ সপ্তমী স্নান ২১ ফেব্ৰুৱাৰী ২০১৩ (বৃহস্পতি বাৰ) ভীস্ম একাদশী স্নান ২৫ ফেব্ৰুৱাৰী ২০১৩ (সোমবাৰ) মাঘী পুৰ্ণিমা স্নান ১০ মাৰ্চ ২০১৩ (ৰবিবাৰ) মহাশিৱৰাত্ৰি ২০১৫ পৰৱৰ্তী কুম্ভ মেলা ২০১৫ চনত নাচিক (মহাৰাষ্ট্ৰ)ত অনুষ্ঠিত হ'ব। গুৰুত্বপূৰ্ণ দিন সমূহৰ বৰ্ণনা তলত দিয়া হ'ল: ১৪ জুলাই ২০১৫(মঙ্গলবাৰ): ৰাম কুণ্ডত মূল উৎসৱৰ পতাকা উত্তোলন। ১৪ আগষ্ট ২০১৫(শুক্ৰবাৰ): ২৬ আগষ্ট ২০১৫(বুধবাৰ): ২৯ আগষ্ট ২০১৫ (শনিবাৰ): ১৩ ছেপ্তেম্বৰ ২০১৫ (ৰবিবাৰ): ১৮ ছেপ্তেম্বৰ ২০১৫ (শুক্ৰবাৰ): ২৫ ছেপ্তেম্বৰ ২০১৫ (শুক্ৰবাৰ): তথ্য সূত্ৰ হিন্দুধৰ্মৰ উৎসৱসমূহ
62577
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A7%81%E0%A6%AC%E0%A7%81%E0%A6%B2%20%E0%A6%AE%E0%A6%BE%E0%A6%89%E0%A6%A4
ৰুবুল মাউত
ৰুবুল মাউত হৈছে এগৰাকী অসমীয়া জীৱবিজ্ঞানী। মানৱীয় দেহৰ কেতবোৰ ৰোগ নিৰ্মূলকৰণৰ বাবে নতুন প্ৰটিনৰ সৃষ্টি কৰা; উচ্চতৰ প্ৰটিন সমাৱেশ প্ৰস্তুত কৰি সেইবোৰক কোষ সংকেত, জৈৱ-অণুবিদ্যুতৰ দৰে ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে তেখেতৰ বৰ্তমান গৱেষণাৰ বিষয়। তেখেতে মাচাছ্যুচেটচ বিশ্ববিদ্যালয়ৰ পৰা জিন-সম্পাদনাত গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল। ৰুবুল মাউতৰ গৱেষণা আমেৰিকাৰ ৰাসায়নিক সমাজৰ উপৰি একাধিক বৈজ্ঞানিক মঞ্চত ভিডিঅ' অথবা তথ্যচিত্ৰ হিচাপে আলোচিত আৰু প্ৰদৰ্শিত হৈছে। বৰ্তমান তেখেত ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ প্ৰটিন ডিজাইন শাখাৰ 'ৱাশ্বিংটন ৰিচাৰ্চ ফাউণ্ডেছন ইন'ভেছন ফেলো'। তেখেতে আত্মজীৱনী "মোৰো এটা সপোন আছে"ত নিজৰ শৈশৱ-যৌৱনৰ সংঘাত অতিক্ৰম কৰি মাচাছ্যুচেটচ বিশ্ববিদ্যালয়ৰ গৱেষক হোৱাৰ কাহিনী লিপিবদ্ধ কৰিছে। প্ৰাৰম্ভিক জীৱন আৰু শৈশৱ অসম-অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ওচৰৰ কৈলাসপুৰত এটি কৃষকৰ পৰিয়ালত ৰুবুল মাউতৰ জন্ম হৈছিল। শৈশৱৰ কালছোৱা তেখেতে ভীষণ দৰিদ্ৰতাৰ মাজেৰে পাৰ কৰিব লগা হোৱাত শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত তেখেতে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল। তেখেতেৰ আত্মজীৱনী "মোৰো এটা সপোন আছে"ত এই বিষয়ে তেওঁ সবিশেষ বৰ্ণনা কৰিছে। তেওঁ সৰুতেই পিতৃৰ সহযোগী হৈ ঘৰুৱা দায়িত্ব পালন কৰিছিল। গৰু চৰোৱা, বজাৰত শাক-পাচলি বিক্ৰী কৰা, তথা ৰাস্তাত বনুৱাৰ কাম কৰি তেওঁ পৰিয়ালটোক সহায় কৰিছিল।গাঁৱত শিক্ষাৰ সন্তোষজনক পৰিৱেশ নাছিল। মেট্ৰিক পৰীক্ষাত তেওঁ প্ৰথম বিভাগ সহ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। শিক্ষা আৰু কৰ্মজীৱন তেখেতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল টঙনা ন গাঁও প্ৰাথমিক বিদ্যালয়ত৷ মাধ্যমিক বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰে কৈলাসপুৰ মাধ্যমিক বিদ্যালয়ত৷ উচ্চতৰ শিক্ষা লাভ কৰে চেনিৰাম হায়াৰছেকেণ্ডৰী হাইস্কুল, তিনিচুকীয়াত৷ ২০০৩ চনত ৰুবুল মাউতে তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী অৰ্জন কৰে। ৰসায়ন বিজ্ঞানৰ প্ৰতি ধাউতি বঢ়োৱাত মহাবিদ্যালয়খনৰ পুথিভঁৰালটোৰ অশেষ ভূমিকা আছিল। এফ এ কটন আৰু জেফ্ ৰি উইলকিনচনৰ 'প্ৰিন্সিপাল অব ইনঅৰগেনিক কেমেষ্ট্ৰী', আই এল ফিনাৰৰ 'অৰগেনিক কেমেষ্ট্ৰী', জেৰি মাৰ্চৰ 'ৰিয়েকচন মেকানিজম' আদিৰ দৰে ৰসায়ন বিজ্ঞানৰ গ্ৰন্থই ৰুবুল মাউতক অণু-পৰমাণুৰ এখন সুগভীৰ পৃথিৱীলৈ লৈ গৈছিল। স্নাতক ডিগ্ৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান অধিকাৰ কৰি ৰুবুল মাউতে গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্ৰী পঢ়িবলৈ আহে। বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতেই তেখেতে চিএছআইআৰ-নেট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়। সেই প্ৰস্তুতিৰ পৰিণতিস্বৰূপে তেখেতে জুনিয়ৰ ফেল'শ্বিপৰ যোগ্যতা অৰ্জন কৰিলে। ২০০৫ চনত ৰুবুল মাউতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেখেতে পুণেস্থিত ৰাষ্ট্ৰীয় ৰাসায়নিক প্ৰয়োগাগাৰ )ত আসন লাভ কৰে আৰু ডক্তৰেট ডিগ্ৰীত যোগদান কৰে। সেইসময়ত তেখেত জীৱিকাৰ সন্ধানত আছিল। সেয়েহে তেখেতে এনচিএলৰ পৰা আহি টিআইএফআৰত "বিজ্ঞান বিষয়া" পদবীত যোগদান কৰিলে। ইয়াৰ ফলত তেখেতৰ জীৱিকাৰো এটা বাট মুকলি হ'ল। টিআইএফআৰত কৰ্মৰত হৈ থাকোঁতেই তেখেতে আমেৰিকাৰ ইণ্ডিয়ানাস্থিত পাৰডিউ বিশ্ববিদ্যালয় তিনিমহীয়া প্ৰশিক্ষণ এটা লৈ আহে। তাত তেখেতে উচ্চপৰ্যায়ৰ গৱেষণাকাৰ্য দেখিবলৈ পায়। ইয়াৰ ফলত তেখেতৰ দীৰ্ঘদিনীয়া গৱেষণাকেন্দ্ৰিক সপোনটোৱে পুনৰ প্ৰাণ পাই উঠে। ইংৰাজী ভাষাটো ভালকৈ ক'ব নোৱাৰাৰ বাবে তেখেতে প্ৰায়েই হতাশাত ভুগিছিল। সেই দুৰ্বলতা অতিক্ৰম কৰিবলৈ ৰুবুল মাউতে পাঁচ মাহতে প্ৰায় ছহাজাৰ ইংৰাজী শব্দ মুখস্থ কৰি পেলাইছিল। তেখেত জি.আৰ.ই. আৰু টফেল পৰীক্ষাত একেবাৰতে সফলতাৰে উত্তীৰ্ণ হ'ল আৰু বহুকেইখন বিশ্ববিদ্যালয়ৰ বাবে আৱেদন কৰিবলৈ যোগ্য হৈ উঠিল। ২০১৭ চনত আৰ্মহাষ্টস্থিত মাচাছ্যুচেটচ বিশ্ববিদ্যালয়ৰ পৰা ৰুবুল মাউতে জিন-সম্পাদনাৰ বিষয়ত ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে। ৰুবুল মাউতে স্কটলেণ্ডৰ গ্লাচগ' বিশ্ববিদ্যালয়তো অতিথি গৱেষক হিচাপে কৰ্মৰত আছিল। পৰৱৰ্তী সময়ত ৰুবুল মাউতে ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ 'ৱাশ্বিংটন ৰিচাৰ্চ ফাউণ্ডছেন'ৰ প্ৰটিন ডিজাইনৰ ইনোভেশ্যন ফেলো' হিচাপে গৱেষণা কৰে। তেখেতৰ মেণ্টৰ আছিল জিম দে য়েৰেও আৰু ডেভিড বেকাৰ। ৰুবুল মাউতে নেনো প্ৰযুক্তিৰ জৰিয়তে কোষৰ ভিতৰত জিন সম্পাদনাৰ এক নতুন পদ্ধতি উদ্ভাৱন কৰি খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ ত্ৰিশখনতকৈও অধিক গৱেষণাপত্ৰ 'নেছাৰ নেনোটেকন'লজি', 'নেচাৰ কেমিষ্ট্ৰী' আৰু 'এচিএছ নেনো' আদি জাৰ্ণেলত প্ৰকাশিত হৈছে। বৰ্তমান তেওঁ হাৰ্ভাড বিশ্ববিদ্যালয়ৰ গৱেষক৷ লেখক হিচাপে ৰুবুল মাউতে এতিয়ালৈকে দুখন কিতাপ লিখিছে। তেওঁৰ প্ৰথমখন গ্ৰন্থ "ধূসৰতাত সংহত শ্ৰৱণ" হৈছে এখনি গল্প সংকলন। গ্ৰন্থখন ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশ হৈছিল। পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰা ১৩৬ পৃষ্ঠাৰ গল্প সংকলনৰ প্ৰসংগত অসমৰ সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে কয় যে, “ভাষা, প্ৰকাশভংগী, বিশ্লেষণ অপূৰ্ব”। আনহাতে সাংবাদিক, লেখক দিগন্ত ওজাই কয় যে, “প্ৰাঞ্জল ভাষা, বিষয়বস্তু আৰু চমৎকাৰ প্ৰকাশভংগীয়ে মোৰ হৃদয় স্পৰ্শ কৰিছে।” তেওঁৰ দ্বিতীয়খন গ্ৰন্থ হৈছে আত্মজীৱনী 'মোৰো এটা সপোন আছে'। শৈশৱৰ সংগ্ৰামৰ পৰা মাচাছ্যুচেটচ বিশ্ববিদ্যালয়লৈকে লেখকে অতিক্ৰম কৰা বৈচিত্ৰ্যময় যাত্ৰা এই গ্ৰন্থখনিৰ মূল বিষয়বস্তু। পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ তৃতীয়টো সংস্কৰণ ২০১৮ চনৰ জানুৱাৰী মাহত মুকলি কৰা হৈছিল। গ্ৰন্থখনৰ এতিয়ালৈকে একাধিক সংস্কৰণ মুকলি হৈছে। গ্ৰন্থখনত ৰুবুল মাউতে জীৱনটোক এটা ট্ৰেজাৰ হাণ্টৰ লগত তুলনা কৰি কৈছে যে, “জীৱনটো ঠিক তেনেকুৱাই (ট্ৰেজাৰ হাণ্ট খেলবিধৰ দৰে। আৰম্ভণিতে এটা লক্ষ্য থাকে। সেই লক্ষ্যত উপনীত হোৱাৰ পাছত নতুন সুযোগ আহে, ফলত নতুন লক্ষ্যত উপনীত হোৱাৰ আকাংক্ষা জন্মে। এইদৰে লক্ষ্য খেদি খেদি গৈ থাকোঁতে শেষত আপুনিও এটা মহামূল্যৱান সম্পদ পাই যাব পাৰে। মনত ৰাখিব লক্ষ্যৰপৰা বিচলিত হ’লেই আপুনি সেই মহা মূল্যৱান সম্পদটি আয়ত্ত কৰাৰপৰা বঞ্চিত হ’ব পাৰে!” অসমৰ কবি-লেখক জীৱন নৰহে আত্মজীৱনীমূলক গ্ৰন্থখনক নতুন প্ৰজন্মৰ সাহসৰ দলিল বুলি অভিহিত কৰে আৰু মন্তব্য কৰে যে-"লক্ষ্য আৰু একাগ্ৰতাই মানুহক কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰে তাৰ জীয়া কাহিনী এই গ্ৰন্থখনত আছে। কেৱল এয়াই নহয়, বিজ্ঞানী হোৱাৰ পাছতো নিজৰ পৰিয়াল, গাঁৱক পাহৰি নগৈ তেওঁৰ দায়িত্ববোধ সঠিকভাৱে ৰাখিছে। তদুপৰি অতীতত তেওঁ কষ্ট স্বীকাৰ কৰাসকলৰ প্ৰতি এতিয়াও শ্ৰদ্ধানত। এয়া নতুন পুৰুষৰ বাবে আদৰ্শস্বৰূপ। বঁটা আৰু সন্মান 32 ২০২১-২০২২ বৰ্ষ বৃত্তি, ২০১৭ (মাচাছ্যুচেটচ বিশ্ববিদ্যালয়ৰপৰা ২০১৬ গৱেষণা বৃত্তি বঁটা, ২৫ত্বম বাৰ্ষিক অধিৱেশন,মাচাছ্যুচেটচ বিশ্ববিদ্যালয়, ২০১৫ ২৪ত্বম বাৰ্ষিক অধিৱেশন,মাচাছ্যুচেটচ বিশ্ববিদ্যালয়, ২০১৪ পূৰ্ডে বিশ্ববিদ্যালয়, ইণ্ডিয়ানা, আমেৰিকা, ২০০৮ ),ভাৰত, ২০০৬ তথ্যসংগ্ৰহ বাহ্যিক সংযোগ পূৰ্বায়ন প্ৰকাশন গোষ্ঠীৰ ৱেবপৃষ্ঠাত ৰুবুল মাউতৰ সংক্ষিপ্ত জীৱন বৃত্তান্ত অসমৰ ব্যক্তি অসমৰ বিজ্ঞানী অসমীয়া সাহিত্যিক
32398
https://as.wikipedia.org/wiki/%E0%A6%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%BF%E0%A7%B0%E0%A6%BE%20%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A7%80
ইন্দিৰা গান্ধী
ইন্দিৰা গান্ধী ১৯১৭–১৯৮৪) ভাৰত প্ৰথম মহিলা প্ৰধানমন্ত্ৰী, জৱাহৰলাল নেহৰুৰ কন্যা আছিল। তেওঁ লালবাহাদুৰ শাস্ত্ৰী মন্ত্ৰী সভাৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। মহাত্মা গান্ধীৰ আঁচনি ক্ৰমে চৰ্খা সংঘ প্ৰতিষ্ঠাতা আছিল আৰু চৈধ্য বছৰ বয়সত বানৰ সেনা সংগঠন কৰে। কংগ্ৰেছত ভৰ্তি হৈ ২১ বছৰ বয়সৰ পৰাই ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰিছিল আৰু ১৩ মাহ কাল কাৰাবাস খাটিছিল। ১৯১৬ চনত জব্বলপুৰত হিন্দু-মুছলিম বিৰোধ, পূব আফ্ৰিকাত থকা ভাৰতীয় সংখ্যালঘু নিৰাপত্তাৰ শংকা আৰু ইন্দো-আমেৰিকানৰ সম্পৰ্কৰ সমন্বয় গঢ়িছিল। তেওঁৰ ব্যক্তিত্ব আৰ কৃতিত্বৰ স্বীকৃতি স্বৰূপে ১৯৭১ চনত ভাৰত ৰত্ন উপাধিৰে তেওঁক ভাৰত চৰকাৰে সন্মানিত কৰে। জন্ম আৰু পৰিয়াল ইন্দিৰা গান্ধীৰ জন্ম হয় ১৯১৭ চনৰ ১৯ নবেম্বৰত উত্তৰ প্ৰদেশৰ এলাহাবাদৰ আনন্দ ভৱনত। তেওঁৰ পিতৃ আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু মাতৃ কমলা নেহৰু। তেওঁৰ মাক সৰুকালতেই ঢুকোৱাত, পিতাকৰ মৰম-স্নেহতে ডাঙৰ দীঘল হয়। ৰবীন্দ্ৰনাথ ঠাকুৰে সৰুতে ইন্দিৰাক নাম দিছিল প্ৰিয়দৰ্শিনী। তেওঁৰ ককাকৰ নাম আছিল মতিলাল নেহৰু। সৰুৰে পৰা তেওঁ নানা শিক্ষাৰে শিক্ষিত হৈছিল। ঘৰুৱা পৰিবেশৰ পৰাই তেওঁ সৰুতেই ৰাজনৈতিক শিক্ষা আয়ত্ত কৰিছিল। সেইসময়ত আনন্দ ভৱন কংগ্ৰেছৰ প্ৰধান কাৰ্য্যালয় আছিল। ১৯৪২ চনত ইন্দিৰা গান্ধীয়ে অসম অইল কোম্পানীৰ মুৰব্বী বিষয়া ফিৰোজ গান্ধীৰ লগত বিবাহ পাশত আবদ্ধ হয় আৰু তেতিয়াৰে পৰাই তেওঁ গান্ধী উপাধি গ্ৰহণ কৰিছিল। তেওঁলোকৰ যুগ্ম জীৱনৰ সাক্ষী আছিল দুই সন্তান ক্ৰমে সঞ্জয় গান্ধী আৰু ৰাজীৱ গান্ধী। শিক্ষা জীৱন ইন্দিৰা গান্ধীয়ে স্কুলীয়া শিক্ষা একাধিকক্ৰমে লাভ কৰিব পৰা নাছিল। পোনতে পুনাৰ গুজৰাটী বিদ্যালয় এখনত শিক্ষা আৰম্ভ কৰি পাছত শান্তিনিকেতনলৈ যায়। ১৯৩৪ চনত মোম্বাই বিশ্ববিদ্যালয়ৰ পৰা মেট্ৰিকুলেচন পাছ কৰে আৰু বিশ্বভাৰতীত ভৰ্তি হয় ১৯৩৪ চনৰ জুলাই মাহত। শান্তিনিকেতনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ তত্ত্বাবদানত সংগীত-নৃত্যকলা সাধনাৰ শিক্ষা লাভ কৰে। তেওঁ ১৯৩৫ চনত অধ্যয়নৰ বাবে চুইজাৰলেণ্ডলৈ যায়। তাৰ পিছত তেওঁ ১৯৩৬ চনত অক্সফ'ৰ্ড বিশ্ববিদ্যালয়লৈ যাত্ৰা কৰে। নানা অসুবিধাত তেওঁ ডিগ্ৰী সম্পূৰ্ণ কৰিব নোৱাৰিলে কিন্তু জেলৰ পাৰ পিতাকে বিশ্বসাহিত্য-সভ্যাত-কৃষ্টি-ৰাজনীতি বিষয়ৰ যিবোৰ চিঠি প্ৰেৰণ কৰিছিল সেই চিঠিৰ সাৰমৰ্ম পাঠ্য-পুথিৰ শিক্ষাতকৈ কোনোগুণে হীন নাছিল আৰু সেই শিক্ষাকে কণ্ঠস্থ কৰিছিল ইন্দিৰা গান্ধীয়ে। তদুপৰি স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ, বিদেশ ভ্ৰমণৰ অভিজ্ঞতা, বিশ্বভাৰতীৰ শিক্ষা, ব্ৰিটিছ শ্ৰমিক পাৰ্টি আৰু ছাত্ৰ আন্দোলনৰ লগত স্থাপন হোৱা সম্পৰ্কৰ অভিজ্ঞতাও ভবিষ্যত জীৱনৰ সমাজবাদী আদৰ্শৰ ভেটি স্বৰূপ আছিল। ৰাজনৈতিক জীৱন ১৯১৬ চনত জব্বলপুৰত হিন্দু-মুছলিম বিৰোধ সাম কটাৰ পিছত ১৯৩৭ চনত ইন্দিৰা গান্ধী নিৰ্বাচনৰ কামত ওতপ্ৰোত ভাবে জড়িত হৈ পৰে। ১৯৩৮ চনত তেওঁক কংগ্ৰেছৰ এগৰাকী সদস্যা হিচাপে অন্তৰ্ভুক্ত কৰি লোৱা হৈছিল। তাৰ পিছত কংগ্ৰেছ মহিলা শাখাৰ চেয়াৰমেন নিৰ্বাচিত হয়। কেন্দ্ৰীয় নিৰ্বাচন আয়োগ, কেন্দ্ৰীয় সংসদী পৰিষদ আৰু সৰ্বভাৰতীয় কংগ্ৰেছৰো তেওঁ সভানেত্ৰী আচিল। বাল সহযোগ, কমলা নেহৰু বিদ্যালয়, বাল ভৱন, ভাৰতীয় শিশু কল্যাণ সন্থাৰ সভানেত্ৰীৰ উপৰিও আন্তৰ্জাতিক শিশু কল্যাণ সন্থাৰো তেওঁ উপ-সভানেত্ৰী আছিল। তদুপৰি তেওঁ কেন্দ্ৰেীয় সমাজ উন্নয়ন সমিতি, সৰ্বভাৰতীয় হস্তশিল্প সমিতি, ৰাষ্ট্ৰীয় ঐক্যসাধন সমিতি, কেন্দ্ৰীয় শিক্ষা বিভাগ আৰু সাংস্কৃতিক উন্নয়ন অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ লগতো তেওঁ ঘনিষ্ঠভাৱে জড়িত আছিল। ১৯৬৪ চনত লালবাহাদুৰ শাস্ত্ৰীৰ মন্ত্ৰীসভাৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰী নিযুক্ত হয়। ১৯৬৬ চনত লালবাহাদুৰ শাস্ত্ৰীৰ অকাল মৃত্য হয় আৰু আকৌ গুলজাৰিলাল নন্দা ভাৰতৰ প্ৰধানমন্ত্ৰী হয়। গুলজাৰিলালৰ পিছত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ইন্দিৰা গান্ধী। ১৯৬৭ চনৰ ১২ মাৰ্চত চতুৰ্থ সাধাৰণ নিৰ্বাচনত বিজয়ী হৈ ইন্দিৰা গান্ধী দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়। ১৯৬৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ মৃত্যু হোৱাত সেই পদ পূৰণৰ বাবে সমস্যাৰ সৃষ্টি হয়। উপৰাষ্ট্ৰপতি ভি ভি গিৰিয়ে কাৰ্যবাহী ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ লয়। ১৯৬৯ চনৰে বাঙ্গালোৰ অধিবেশনে ৰাষ্ট্ৰপতি ৰূপে পাবলৈ বিচাৰিলে নীলম সঞ্জীৱ ৰেড্ডীক। ইন্দিৰা গান্ধীয়ে মনোনয়নত স্বাক্ষৰ দানো কৰিলে। ইয়াৰ প্ৰতিবাদ ভি ভি গিৰিয়েও ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাত নামিল। ইন্দিৰা গান্ধীয়েও গিৰিৰ হৈ সমৰ্থন আগবঢ়ালে। গিৰি নিৰ্বাচিত হ’ল ৰাষ্ট্ৰপতি হিচাপে। ইন্দিৰা গান্ধীৰ এই কাৰ্য্যত কংগ্ৰেছৰ ৰাইট অৱ চেণ্টাৰৰ সৈতেও তেওঁৰ বিৰোধ হৈ পৰিল। কংগ্ৰেছত বিভাজন হ’ল আৰু কংগ্ৰেছ দুটা শিবিৰলৈ ৰূপান্তৰ হ’ল, পুৰণি আৰু নতুন কংগ্ৰেছ নামেৰে। পুৰণি কংগ্ৰেছৰ সভাপতি হ’ল নিজলিঙ্গপ্পা আৰু নতুন কংগ্ৰেছৰ সভাপতি হ’ল জগজীৱন ৰাম। ২৮২ জনীয়া কংগ্ৰেছ সংসদী দলৰ ২২০ জনে ইন্দিৰাৰ সপক্ষে আৰু ৬০ জনে ডাক্তৰ ৰাম সুভাগ সিঙকে নেতা নিৰ্বাচন কৰি বিপক্ষ গ্ৰহণ কৰিলে। ১৯৭১ চনত পঞ্চম অন্তৰ্ৱৰ্তীকালীন সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনত ইন্দিৰাই বিপুল সংখ্যাগৰিষ্ঠাতাৰে জয়লাভ কৰে। ৫১৮খন আসনৰ বাবে কংগ্ৰেছে ৪৪২জন প্ৰাৰ্থী দি ৩৫১খন আসন লাভ কৰিলে। সাংগঠনিক কংগ্ৰেছে ১৬খন আসনহে লাভ কৰিবলৈ সমৰ্থ হয়। এই নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল উত্তৰ প্ৰদেশৰ ৰায়বেৰেলিয়ৰ পৰা আৰু মুঠ ভোট পাইছিল ১,৮৩,৩০৯ টা। ১৯৭১ চনৰ মাৰ্চত কংগ্ৰেছ সংসদী দলৰ সভাত ইন্দিৰা গান্ধী বিনা প্ৰতিদ্বন্দ্বিতাৰে নেতা নিৰ্বাচিত হয়। জগজীৱন ৰামে তেওঁৰ নাম প্ৰস্তাৱ কৰে আৰু সমৰ্থন কৰে ফখৰুদ্দিন আলি আহমেদ আৰু যশোৱন্ত চবন। ইন্দিৰা গন্ধীৰ প্ৰধানমন্ত্ৰিত্বৰ কালছোৱাত অনেক সাফল্যতা পৰিলক্ষিত হয়। বিশেষকৈ ১৯৬৯ চনৰ ১৯ জুলাইত ভাৰতীয় মালিকৰ পৰিচালনাত থকা ১৪টা বাণিজ্যিক বেঙ্ক ৰাষ্ট্ৰীয়কৰণ হয়। ১৯৬৯ চনৰ জুলৈকে বেঙ্কৰ জমাৰ পৰিমাণ ৫০ কোটি টকা বা ততোধিক হোৱা বাণিজ্যিক বেংককহে ৰাষ্ট্ৰীয়কৰণ কৰা হয়। ১৯৭১ চনৰ ৯ আগষ্ট তাৰিখে নতুন দিল্লীত ভাৰত-ছ'ভিয়েট শান্তি-মৈত্ৰী আৰু সহযোগিতাৰ চুক্তি ইন্দিৰাৰ আন এটা মহান স্বাক্ষৰ। ২০ বছৰীয়া ম্যাদৰ চুক্তিখনত অৰ্থনৈতিক, বৈজ্ঞানিক, কাৰিকৰী, শিল্পকলা, ক্ৰীড়া, ভ্ৰমণ, চিনেমা, জনস্বাস্থ্য, বাতৰি-কাকত, শিক্ষা আদিত গুৰুত্ব আৰোপ কৰা হয়। এইখন চুক্তিৰ উপৰিও ১৯৭২ চনৰ ২০ নবেম্বৰত স্বাক্ষৰিত হয় ভাৰত-ছ'ভিয়েটৰ আন এখন অৰ্থনৈতিক চুক্তি। এই চুক্তিত বোকাৰো আৰু ভিলাই তীখা কাৰখনাৰ উৎপাদন ক্ষমতা বৃদ্ধিত অগ্ৰাধিকাৰ দিয়া হয়। ১৯৮০ চনৰ লোকসভাৰ সপ্তম সাধাৰণ নিৰ্বাচনৰ আৰম্ভ হ’ল, এইবাৰো ইন্দিৰা গান্ধী নিৰ্বাচিত হৈ আহিল। শাসনভাৰ হাতত লৈয়ে দেশৰ অৰ্থনৈতিক আৰু সামাজিক দিশটো টনকিয়াল কৰাৰ কাৰণে অধিক উৎসাহেৰে কৰিদফীয়া কাৰ্যসূচীত মনোনিবেশ কৰিলে। এই সময়ছোৱাতে পঞ্জাব আৰু অসমত আন্দোলন গঢ়ি উঠিল। অসমৰ বিদেশী বহিস্কৰণৰ সমস্যাটো তেওঁ কোনো সুমীমাংসা কৰিব নোৱাৰিলে আৰু পঞ্জাবৰ সমস্যাটোও একো পৰিবৰ্তন কৰিব নোৱাৰিলে মৃত্যু সময়লৈকে। পুৰস্কাৰ প্ৰাপ্ত বঁটা ভাৰত ৰত্ন বঁটা (১৯৭১) কৃষি দেৱী ছেৰেছ (১৯৭২) মাতৃ (১৯৫৩) ৰাষ্ট্ৰনেত্ৰী (১৯৭৩) মৃত্যু ১৯৮৪ চনৰ ৩১ অক্টোৱৰৰ দিনা দিল্লীত নিজা বাসভৱনত গা-ৰক্ষী উগ্ৰপন্থী শিখলোকৰ গুলীৰ আঘাতত তেওঁৰ জীৱন বন্তি নিৰ্বাপিত হয়। তথ্য সংগ্ৰহ গ্ৰন্থ সংযোগ (1982) 0-19-503118-0 (1992) 978-0-679-42479-6 (2002) (2007) 978-0-06-019881-7 (1991) 0-340-53548-2 বাহ্যিক সংযোগ ভাৰতৰ ব্যক্তি মৃত ব্যক্তি ভাৰতৰ স্বাধীনতা সংগ্ৰামী ভাৰতৰ প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন বঁটা
76043
https://as.wikipedia.org/wiki/%E0%A6%97%E0%A6%9C%E0%A6%B2%20%E0%A6%A7%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A7%B1%E0%A6%BE%E0%A6%B2
গজল ধালিৱাল
গজল ধালিৱাল জন্ম: ১৯৮২) এগৰাকী ভাৰতীয় চিত্ৰনাট্যকাৰ আৰু ট্ৰান্সজেণ্ডাৰ অধিকাৰকৰ্মী। তেওঁ ৰাজকুমাৰ ৰাও, অনিল কাপুৰ আৰু সোণম কাপুৰ আহুজা অভিনীত বিনোদ চোপ্ৰা ফিল্মছৰ 'এক লড়কী কো দেখা তো আইছা লগা'ৰ চিত্ৰনাট্য আৰু সংলাপ লিখিছিল। ইয়াৰ আগতে তেওঁ সংলাপ লেখিকা হিচাপে অলংকৃতা শ্ৰীবাস্তৱৰ সমালোচকৰ দ্বাৰা প্ৰশংসিত 'লিপষ্টিক আণ্ডাৰ মাই বুৰ্খা'ত কাম কৰিছিল আৰু তেওঁ ছবিখনৰ সংলাপবোৰ লিখিছিল। ইয়াৰ লগতে তেওঁ ইৰফান খান আৰু পাৰ্বতী অভিনীত তনুজা চন্দ্ৰৰ দ্বাৰা পৰিচালিত 'কাৰিব কাৰিব চিংগেল' ছবিৰো চিত্ৰনাট্য ৰচনা কৰিছিল। তেওঁ 'ৱাজিৰ' ছবিৰৰ বাবে অতিৰিক্ত সংলাপও লিখিছিল আৰু ইয়াত অমিতাভ বচ্চন আৰু ফাৰহান আখটাৰে অভিনয় কৰিছিল। তেওঁ এগৰাকী ৰাজহুৱা বক্তা আৰু এলজিবিটিকিউ+ কৰ্মী। গজলে কেইবাটাও আলোচনাত আৰু সংবাদ মাধ্যমত এগৰাকী ট্ৰান্সজেণ্ডাৰ মহিলা হোৱাৰ বিষয়ে মুকলিকৈ কৈছিল। আমিৰ খানৰ নেতৃত্বত টক শ্ব' 'সত্যমেৱ জয়তে'ৰ এটা খণ্ডত তেওঁ নিজৰ জীৱনৰ বিষয়ে প্ৰকাশ কৰিছিল। বৰ্তমান তেওঁ এখন আগশাৰীৰ ষ্ট্ৰীমিং প্লেটফৰ্মৰ লেখকৰ কোঠাৰ নেতৃত্ব বহন কৰি আছে। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ১৯৮২ চনত পঞ্জাৱৰ পাটিয়ালা চহৰৰ এক শিখ পৰিয়ালত গজল ধালিৱালৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ভজন প্ৰতাপ সিং ধালিৱাল আৰু মাতৃ সুকাৰ্ণী ধালিৱালৰ। কেইবাটাও সাক্ষাৎকাৰ আৰু বাৰ্তালাপত তেওঁ উল্লেখ কৰিছে যে যেতিয়ালৈকে তেওঁৰ মনত পৰে তেওঁ সদায় অনুভৱ কৰিছিল যে তেওঁ এগৰাকী ছোৱালী। অৱশ্যে পুৰুষত্বৰ এক অত্যন্ত পুৰুষসুলভ ৰূপ উদযাপন কৰা সংস্কৃতিত ডাঙৰ হোৱাৰ ফলত গজলৰ বাবে ক্ৰমান্বয়ে কঠিন হৈ পৰিছিল। সৰুতে হ'ম'ফোবিক আৰু ট্ৰান্সফোবিক লোকসকলে তেওঁক উৎপীড়ন কৰিছিল। ১৪ বছৰ বয়সত তেওঁ গোপনে এজন পৰামৰ্শদাতাৰ ওচৰলৈ গৈছিল। কিন্তু তেওঁৰ দেউতাকে এই কথা গম পাইছিল। তাৰপিছত গজলে দেউতাকক নিজৰ লৈংগীক পৰিচয়ৰ বিষয়ে কৈছিল। গজলে উল্লেখ কৰিছে যে যদিও তেওঁৰ দেউতাকে ইয়াক স্বীকাৰ কৰিছিল, তেওঁ ভাবিছিল যে এয়া "এক পৰ্যায়।" ১৭ বছৰ বয়সত তেওঁ চাইবাৰ কেফেবোৰত ইণ্টাৰনেটৰ সৈতে সংযোগ স্থাপন কৰি জেণ্ডাৰ ডিচফোৰিয়া আৰু যৌন পুনঃনিৰ্ধাৰণ অস্ত্ৰোপচাৰৰ বিষয়ে জানিছিল। অৱশ্যে এয়া তেওঁৰ বাবে অলীক কল্পনা আছিল আৰু প্ৰচলিত সামাজিক কলঙ্ক আৰু সজাগতাৰ অভাৱৰ বাবে গজল ঘৰৰ পৰা পলাই গৈ দিল্লীলৈ বুলি ৰেলত উঠিছিল। অৱশ্যে তেওঁ আতংকিত হৈ পৰিছিল আৰু অৱশেষত মাক-দেউতাকক ফোন কৰি ঘৰলৈ উভতি অহাৰ প্ৰতিশ্ৰুতি দিছিল। গজলে পাটিয়ালাৰ বুধা দল পাব্লিক স্কুলত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তাৰ পিছত তেওঁ জয়পুৰৰ মালৱীয় ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা ৰাসায়নিক অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰিছিল। স্নাতক হোৱাৰ পিছত তেওঁ মহীশূৰত ইনফোচিছত ছফ্টৱেৰ অভিযন্তা হিচাপে যোগদান কৰে। অৱশ্যে গজলৰ আবেগ বলীউডৰ পৃথিৱীত আছিল। ২০০৫ চনত তেওঁ চাকৰি এৰি মুম্বাইলৈ যায় জেভিয়াৰ ইনষ্টিটিউট অৱ কমিউনিকেশ্বনছত এবছৰৰ বাবে চলচ্চিত্ৰ নিৰ্মাণ অধ্যয়ন কৰে আৰু গোবিন্দ নিহালনীক এখন এনিমেটেড চলচ্চিত্ৰৰ চিত্ৰনাট্যত সহায় কৰে। জেভিয়াৰত থাকোঁতে তেওঁ আৰু কেইজনমান বন্ধুৱে ট্ৰান্সজেণ্ডাৰ লোকসকলৰ ওপৰত ২০ মিনিটৰ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। তথ্যচিত্ৰ খনত ভাৰতৰ চিকিৎসক, মনোৰোগ বিশেষজ্ঞ আৰু অন্যান্য ট্ৰান্সজেণ্ডাৰ লোকসকলৰ সাক্ষাৎকাৰ লোৱা হৈছিল। ইয়াক মুকলি কৰাৰ পিছত তেওঁ মাক-দেউতাকক দেখুৱাবলৈ পাটিয়ালালৈ যাত্ৰা কৰিছিল। ইয়াৰ পিছতে তেওঁৰ মাক দেউতাকে যৌন পুনঃনিৰ্ধাৰণ অস্ত্ৰোপচাৰৰ বাবে সন্মত হৈছিল। তাৰ পিছত তেওঁ পৰৱৰ্তী তিনি বছৰ যৌন পুনঃনিৰ্ধাৰণৰ অধীনত অতিবাহিত কৰে আৰু অৱশেষত ২০০৭ চনত অস্ত্ৰোপচাৰ কৰায়। তাৰ পিছত তেওঁ পাটিয়ালালৈ উভতি আহে আৰু এটা বিজ্ঞাপন সংস্থাত কাম কৰে। কৰ্মজীৱন ২০০৯ চনত গজল ধালিৱালে মুম্বাইলৈ উভতি আহে আৰু তেওঁৰ প্ৰথম চলচ্চিত্ৰৰ চিত্ৰনাট্য ৰচনা কৰিছিল। তেওঁ নিজকে এটা কোঠাত বন্ধ কৰি পোনপটীয়াকৈ ২৫ দিনৰ বাবে লিখিছিল। যদিও সেই প্ৰথম চিত্ৰনাট্যখন এতিয়াও চিনেমালৈ ৰূপান্তৰিত হোৱা নাই, তেতিয়াৰ পৰা গজলে কেইবাখনো ডাঙৰ বাজেটৰ চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখাৰ প্ৰক্ৰিয়াত জড়িত হৈ পৰিছে। ২০১৪ চনত তেওঁ 'সত্যমেৱ জয়তে'ৰ তৃতীয় সংস্কৰণত ভাৰতীয় অভিনেতা আমিৰ খানৰ দ্বাৰা আয়োজিত সামাজিক আৰু ৰাজনৈতিক বিষয়বোৰ আলোচনা কৰাৰ বাবে সমৰ্পিত এটা দূৰদৰ্শন অনুষ্ঠানত "বৈকল্পিক যৌনতা গ্ৰহণ" শীৰ্ষক এটা খণ্ডত উপস্থিত আছিল। তেওঁ ২০১৫ চনত বস্তিবাসীসকলৰ তেওঁলোকৰ ভূমিৰ অধিকাৰৰ বাবে যুঁজৰ বিষয়ে এখন চুটি ছবি 'আগলি বাৰ'ত অভিনয়ৰ আৰম্ভণি কৰিছিল। তেওঁ হিন্দী চলচ্চিত্ৰত চিত্ৰ্যনাট্য ৰচনাত আত্মপ্ৰকাশ ২০১৬ চনত অমিতাভ বাচ্চান অভিনীত 'ৱাজিৰ'ৰ অতিৰিক্ত সংলাপ লেখক হিচাপে এটা সুযোগৰ সৈতে আহিছিল। তেতিয়াৰ পৰা তেওঁ 'লিপষ্টিক আণ্ডাৰ মাই বুৰ্খা', 'কাৰিব কাৰিব চিংগল', 'এক লড়কী কো দেখা তো আইছা লগা', আৰু কংকনা সেন শৰ্মা অভিনীত চুটি ছবি 'এ মনচুন ডেট'ৰ সংলাপ লেখিকা আছিল। সক্ৰিয়তা ২০১৬ চনত গজলে ৮ জনীয়া দলৰ অংশ হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰত ট্ৰান্সজেণ্ডাৰ অধিকাৰৰ ওপৰত আন্তৰ্জাতিক ভিজিটৰ লিডাৰশ্বিপ প্ৰগ্ৰাম (আইভিএলপি)ত অংশগ্ৰহণ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগৰ দ্বাৰা আয়োজিত তিনি সপ্তাহীয়া বিনিময় কাৰ্যসূচীৰ অংশ হোৱা এইটো এনে ধৰণৰ প্ৰথম ভাৰতীয় দল আছিল। গজল ধালিৱালে বিতৰ্কিত ট্ৰান্সজেণ্ডাৰ ব্যক্তি (অধিকাৰ সুৰক্ষা) আইন, ২০১৮ৰ বিৰুদ্ধে মাত মাতিছে আৰু বিধেয়কখন বাতিল কৰাৰ বাবে তেওঁৰ সমৰ্থন ব্যক্ত কৰিছিল। কিয়নো এই আইনখনে ট্ৰান্সজেণ্ডাৰ লোকসকলক তেওঁলোকৰ লিংগ পৰিচয়ৰ আত্ম-নিৰ্ধাৰণৰ অধিকাৰ প্ৰদান নকৰে আৰু ট্ৰেন্সজেণ্ডাৰ লোকসকলৰ বাবে শৈক্ষিক আৰু পেছাদাৰী আসন সংৰক্ষণৰ কোনো উল্লেখ নাই। তেওঁ "ট্ৰান্স ৱমেন"ৰ নিৰন্তৰ উপমাৰ সৈতে থকাৰ বিষয়েও কৈছে যি চিত্ৰনাট্যকাৰ হিচাপে তেওঁৰ বহুতো পেছাদাৰী সাফল্যত যোগ দিয়া হৈছে। তেওঁ বিজনেছ ষ্টেণ্ডাৰ্ডৰ সৈতে এক সাক্ষাৎকাৰত কৈছিল, "পেছাদাৰী পৃথিৱীত, মই এগৰাকী ট্ৰান্স ৱ'মেন হিচাপে মোৰ স্থিতিৰ সলনি মোৰ কামৰ বাবে জনাজাত হ'ব বিচাৰো। যেতিয়া মই এটা কাহিনী লিখোঁ তেতিয়া মোৰ লিংগ মোৰ একমাত্ৰ পৰিচয় হ'ব নোৱাৰে কাৰণ এটা কাহিনীৰ কোনো লিংগ নাথাকে। মোৰ নাম 'ট্ৰান্সৱমেন' চিত্ৰনাট্যকাৰ উপমাৰ সৈতে উল্লেখ কৰাৰ যথেষ্ট কাৰণ আছে কাৰণ মই এগৰাকী ট্ৰান্সজেণ্ডাৰৰ দৃশ্যমানতাৰ গুৰুত্ব বুজোঁ। আমাৰ সম্প্ৰদায়ৰ পৰা পৰ্যাপ্ত পৰিমাণে প্ৰতিনিধিত্ব নাই যি অতি গুৰুত্বপূৰ্ণ।" চলচ্চিত্ৰপঞ্জী 'ফিলছ লাইক ইষ্ক' (২০২১) 'মিছমেচড' (২০২০) 'চেপিয়া' (২০১৯) 'এ মনচুন ডেট' (২০১৯) 'এক লড়কি কো দেখা তো আইছা লগা' (২০১৯) (চিত্ৰনাট্য) 'কাৰিব কাৰিব চিংগল' (২০১৭) (চিত্ৰনাট্য) 'লিপষ্টিক আণ্ডাৰ মাই বুৰ্খা' (২০১৬) (সংলাপ) 'ৱাজিৰ' (২০১৬) (সংলাপ) তথ্য উৎস বাহ্যিক সংযোগ ভাৰতৰ ব্যক্তি জীৱিত ব্যক্তি এলজিবিটি সম্প্ৰদায়ৰ ব্যক্তি চলচ্চিত্ৰৰ সৈতে জড়িত
61179
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A7%82%E0%A6%AA%E0%A6%A8%E0%A6%BE%E0%A6%A5%20%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%B9%E0%A7%8D%E0%A6%AE
ৰূপনাথ ব্ৰহ্ম
ৰূপনাথ ব্ৰহ্ম ১৯০২-১৯৬৮) আছিল এগৰাকী ভাৰতীয় কবি, ৰাজনীতিবিদ তথা ধৰ্মীয় পণ্ডিত। অসমৰ কোকৰাঝাৰ জিলাত জন্মগ্ৰহণ কৰা ব্ৰহ্মই স্বাধীনতাৰ পূৰ্বৰ তথা স্বাধীনতাৰ পাছৰ অসমৰ ৰাজনীতিত সক্ৰিয়ভাবে জড়িত আছিল। তেওঁ বড়ো ভাষাত সাহিত্যচৰ্চা কৰিছিল। তেখেতক বড়ো ব্ৰহ্ম ধৰ্মৰ প্ৰতিষ্ঠাপক ৰূপেও জনা যায়। জন্ম আৰু পৰিচয় কোকৰাঝাৰ চহৰৰপৰা এক কিলোমিটাৰ নিলগত অৱস্থিত ঔৱাবাৰী গাঁৱৰ এটি সম্ভ্ৰান্ত পৰিয়ালত ১৯০২ চনৰ ১৫ জুনত ৰূপনাথ ব্ৰহ্মৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম ধ্বজেন্দ্ৰ ব্ৰহ্ম আৰু মাতৃৰ নাম খৌদৌম্শ্ৰী ব্ৰহ্ম। ধ্বজেন্দ্ৰ ব্ৰহ্ম এজন প্ৰতিষ্ঠিত কাঠৰ ব্যৱসায়ী আছিল। শৈশৱতে মাতৃহাৰা হোৱা ৰূপনাথক বিমাতা সন্তোশ্ৰীয়ে তুলি তালি ডাঙৰ-দীঘল কৰে। পঢ়ি থকা সময়তে দময়ন্তী ব্ৰহ্মৰ লগত বিবাহপাশত আবদ্ধ হয়। পিছলৈ স্বৰ্ণময়ী ব্ৰহ্মকো বিয়া কৰোৱায়। তেওঁৰ মৃত্যু হয় ১৯৬৮ চনৰ ২৩ জানুৱাৰীত। কোকঝাৰৰ চহৰত তেওঁৰ এটি আৱক্ষ মূৰ্তি আৰু ৰূপনাথ ব্ৰহ্ম মেম'ৰিয়েল চিকিৎসালয় তেওঁৰ নামত উছৰ্গা কৰা হৈছে। শিক্ষা আৰু কৰ্মজীৱন কোকৰাকঝাৰৰ তেতিয়াৰ দিনৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয়ৰ 'বৰ্ডিঙ'ত ৰাখি পঢ়ুৱায়। ৰূপনাথ ব্ৰহ্মই প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰবৃত্তি লাভ কৰি উত্তীৰ্ণ হয়। ইযাৰ পিছতে ১৯১৪ চনত ধুবুৰীৰ হাইস্কুলত পঢ়িবলৈ যায়। ৰূপনাথ ব্ৰহ্মৰ পঢ়াৰ মাধ্যম বঙালী ভাষা আছিল। ১৯২০ চনত কৃতিত্বৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰে। কটন কলেজৰ পৰা ১৯২৫ চনত স্নাতক হৈ কলিকতা বিশ্ববিদ্যালয়ত এম.এ. আৰু বি.এল. পঢ়িবলৈ লয়। শাৰীৰিক কাৰণত এম.এ. পঢ়া আধৰুৱা কৰি থৈ বি.এল. ডিগ্ৰী লৈ অসমলৈ উভতি আহে আৰু ধুবুৰীৰ ক’ৰ্টত ওকালতি আৰম্ভ কৰে। কিন্তু এই বৃত্তিত মন নবহাত ওকালতি এৰি দিয়ে। ৰাজনীতিত অংশগ্ৰহণ ধুবুৰীত ওকালতি কৰি থকা সময়তে তেওঁ ধুবুৰী লোকেল ব'ৰ্ডৰ সদস্য হয়। ধুবুৰীৰ লোঞ্চেল ব'ৰ্ডৰ সদস্য হৈ থকা সময়তে জনজাতি লোকসকলৰ মাজত ৰাজনীতিত সচেতনতা আনিবলৈ ৰাজনৈতিক মঞ্চ গঠনৰ চিন্তা কৰে। এই উদ্দেশ্যৰে সেই সময়ত ভীমবৰ দেউৰীৰ লগে লগে আৰু অন্যান্য পিছপৰা জনগোষ্ঠীক লৈ ১৯৩৩ চনত ট্ৰাইবেল লীগ গঠন কৰে। তেওঁলোকৰ নেতৃত্বত ১৯৩৬ চনত এটি শক্তিশালী ৰাজনৈতিক সংগঠন হিচাপে প্ৰতিষ্ঠা লাভ কৰে। এই সময়তে তেওঁ বড়ো সমাজৰ অগ্ৰণী ব্যক্তি কালীচৰণ ব্ৰহ্মৰ সংস্পৰ্শলৈ আহে। ১৯৩৭ চনৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে অসম বিধানসভালৈ নিৰ্বাচিত হৈ ১৯৩৮ চনত চৈয়দ মহম্মদ ছাদুল্লা নেতৃত্বাধীন অসম কংগ্ৰেছ মন্ত্ৰী সভাৰ কেবিনেট মন্ত্ৰী হয়। পিছত ছাদুল্লা মন্ত্ৰী সভাৰপৰা ওলাই আহি গোপীনাথ বৰদলৈৰ কংগ্ৰেছ মন্ত্ৰীসভা গঠনত অৰিহণা যোগোৱাৰ লগতে মন্ত্ৰীসভাত যোগদান কৰে। তেনেকৈ ১৯৩৭ চনৰ পৰা ১৯৬৭ চনলৈ কেইবাবাৰো অসম বিধানসভাৰ নিৰ্বাচিত সদস্য হৈ বন, পঞ্জীয়ন, আইন, চিকিৎসা, জনস্বাস্থ্য, বাণিজ্য আদি বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৬৮ চনত তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল। ৰাজনীতি জগতত প্ৰৱেশ কৰিয়েই তেওঁ অসমৰ সমাজত বিশেষকৈ জনজাতি সমাজৰ বাবে বহুতো কাম কৰিছিল। ১৮৮৬ চনৰ অসম 'ভূমি আৰু ৰাজনীতিৰ সংস্কাৰ কৰি ১৯৪৭ চনত এটি নতুন অনুচ্ছেদ অন্তৰ্ভুক্তিৰে অনুসূচীত জাতি আৰু অনগ্ৰসৰ জাতিৰ সংৰক্ষণাৰ্থে ট্ৰাইবেল বেণ্ট এণ্ড বুক গঠন কৰা হয়। এই আইন প্ৰণয়নত ৰূপনাথ ব্ৰহ্মৰ যথেষ্ট অৱদান আছে। ১৯৫৭ চনত কোকৰাঝাৰ মহকুমা গঠনতো ৰূপনাথ ব্ৰহ্মৰ উল্লেখনীয় অৱদান আছিল। ইয়াৰ উপৰিও বিভিন্ন স্থানত চিকিৎসালয়, স্কুল-কলেজ, মঠ-মন্দিৰ, চৰকাৰী কাৰ্যালয়, ৰাস্তা-ঘাট, দলং নিৰ্মাণ, সংঘ আদি স্থাপন কৰিছিল। অন্যান্য সামাজিক কামকাজ তেওঁৰ আশাশুধীয়া চেষ্টাত বড়ো ভাষাই প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰে। অসম সঙ্গীত নাট্য একাডেমীৰ তেওঁ সদস্য আছিল। অসমৰ বিভিন্ন সংস্থা-সংঘ আদি অনুষ্ঠানৰ বিভিন্ন পদবীত নিয়োজিত আছিল। শ্বিলঙৰ অনাথ আশ্ৰমৰ সদস্য আছিল আৰু বহুতো অনাথ ল'ৰা-ছোৱালীৰ পঢ়া-শুনাৰ দায়িত্বও বহন কৰিছিল। শ্বিলঙৰ বিষ্ণুপুৰত থকা নিজৰ মাটিডোখৰ শংকৰদেৱ মিচনৰ নামত দান কৰিছিল। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়লৈ তেওঁ মাটি দান কৰিছিল। কোকৰাঝাৰ জিলাত শিক্ষাৰ বিস্তাৰ আৰু সাংস্কৃতিক আন্দোলনত তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল। ব্ৰহ্ম অসম সাহিত্য সভাৰ লগত ওতপ্ৰোত ভাৱে জড়িত আছিল। তেওঁ অসম সাহিত্য সভা পত্ৰিকাত (১৯৫৪-১৯৫৬) ‘বড়ো কছাৰী সংস্কৃতি’ নামেৰে কেইবাটাও খণ্ডত প্ৰবন্ধ লিখিছিল। অসম সাহিত্য সভাৰ দ্বাবিংশ শ্বিলং অধিৱেশন (৮ আৰু ৯ নৱেম্বৰ, ১৯৫৩)-ৰ বুৰঞ্জী শাখাৰ উদ্বোধক আছিল। অসম সাহিত্য সভাৰ ধুবুৰী অধিবেশন (ডিচেম্বৰ, ১৯৫৬ চন)-ৰ বুৰঞ্জী শাখাৰ সভাপতি আছিল। ইয়াৰ বাহিৰেও ধুবুৰী মহকুমাৰ উত্তৰ অঞ্চলৰ প্ৰাইমাৰি, মজলীয়া আৰু হাইস্কুলত অসমীয়া ভাষা প্ৰচলনৰ বাবে শৰৎচন্দ্ৰ গোস্বামীৰ সৈতে কঠোৰ পৰিশ্ৰম কৰিছিল। বড়ো ভাষা সাহিত্যলৈ তেওঁৰ অৱদান বড়ো ভাষা-সাহিত্যৰ বিকাশত ৰূপনাথ ব্ৰহ্মৰ অৱদান অনেক। ছাত্ৰ অৱস্থাতে অবিভক্ত গোৱালপাৰা জিলাৰ শিক্ষিত ছাত্ৰসকলৰ লগ লাগি 'বড়ো ছাত্ৰ সন্মিলিলী' এটি অনুষ্ঠানৰ জন্ম দিয়ে। পিছত ই 'আসাম বড়ো ছাত্ৰ সন্মিলনী' হিচাপে পৰিচিত হয়। এই অনুষ্ঠানৰ সম্পাদক আছিল ৰূপনাথ ব্ৰহ্ম। এই সন্মিলনীৰ প্ৰচেষ্টাত সতীশ চন্দ্ৰ বসুমতাৰীৰ সম্পাদনাত সংগঠনৰ মুখপাত্ৰ 'বিবাৰ' ১৯২৪ চনত প্ৰকাশিত হষ। বড়ো ভাষা-সাঁহিত্যৰ বিকাশত এই আলোচনী মাইলৰ খুঁটি স্বৰূপ আছিল। ৰূপনাথ ব্ৰহ্মই এই আলোচনীতে তেওঁৰ কবিতা-গীত-প্ৰবন্ধ আদি প্ৰকাশ কৰিছিল। ১৯২৩ চনত ৰূপনাথ ব্ৰহ্মই মদাৰাম ব্ৰহ্মৰ সৈতে লগ লাগি 'খন্দাই-মেথাই' নামৰ গীত-কবিতাৰ পুথি এখন সম্পাদনা কৰি উলিয়ায়। বড়ো ভাষা-সাহিত্যৰ বিকাশৰ উদ্দেশ্যে গঠিত 'বড়ো লিটাৰেৰী ক্লাব'ৰ উদ্যোগত ১৯৫২ চনত বাসুগাঁৱত অনুষ্ঠিত বড়ো জাতীয় অভিবৰ্তনৰ মুকলি অধিবেশন উদ্বোধন কৰিছিল ৰূপনাথ ব্ৰহ্মই। এই অধিবেশনতে ১৯৫২ চনৰ ১৬ নৱেম্বৰত বড়ো সাহিত্য সভাৰ জন্ম হয়। ৰূপনাথ ব্ৰহ্মৰ কবিতাবোৰৰ ভিতৰত কেইটিমান হৈছে: 'ইশ্বৌৰনি নাম গৌদৈ' (ইশ্বৰৰ নাম মিঠা), 'মৌনহাছোযৈ' (অস্পৰ্শীয়), 'ঠৈনাযখৌ মানৌ হৰৌ' (মৰণক কিয় দিয়ে), 'আংনি দাবুং আফা' (মোৰ বুলি নকবা পিতাই), 'বিবাৰ' (ফুল), আহ্বান (বঙালী ভাষাত লিখা), মিলন সঙ্গীত (অসমীয়া ভাষাত) আদি। অন্যান্য ৰচনাৰ ভিতৰত 'বড়ো জাতিৰ পৰিচয়'; ভ্ৰমণ-বৃত্তান্তৰে সৈতে', আদি উল্লেখযোগ্য। তথ্য সংগ্ৰহ অসমৰ ব্যক্তি মৃত ব্যক্তি অসমীয়া কবি অসমৰ ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি বড়ো জনগোষ্ঠীৰ
3151
https://as.wikipedia.org/wiki/%E0%A6%B9%E0%A7%87%E0%A6%AE%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%20%E0%A6%97%E0%A7%8B%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%AE%E0%A7%80
হেমচন্দ্ৰ গোস্বামী
হেমচন্দ্ৰ গোস্বামী ১৮৭২-১৯২৮) অসমীয়া সাহিত্যত প্ৰথম ছনেট প্ৰণেতা আৰু অসমীয়া সাহিত্যৰ গুৰি বঠা ধৰা সকলৰ ভিতৰত অন্যতম। ইটালিয়ান গীতিকবি পেট্ৰাৰ্কৰ আৰ্হিত প্ৰথম ছনেট লিখি সুখ্যাতি অৰ্জন কৰা বিশিষ্ট কবি গৰাকীয়ে হ’ল হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্যত এক বিশিষ্ট স্থান লাভ কৰা অভিনৱ সেই ছনেটটোৰ নাম হৈছে প্ৰিয়তমাৰ জন্ম আৰু বংশ পৰিচয় হেমচন্দ্ৰ গোস্বামীৰ জন্ম গোলাঘাটৰ ঢেকিয়াল মৌজাৰ গৌৰাঙ্গ সত্ৰত, ১৮৭২ চনৰ জানুৱাৰী মাহৰ ৮ তাৰিখে হয়। তেখেতৰ পিতৃৰ নাম আছিল ডম্বৰুধৰ গোস্বামী আৰু মাতৃ নাম ঘনকান্তী দেৱী। ডম্বৰুধৰ গোস্বামী গৌৰাংগ সত্ৰৰ সত্ৰাধিকাৰ আৰু ঢেকিয়াল মৌজাৰ মৌজাদাৰ আছিল। শিক্ষা হেমচন্দ্ৰ গোস্বামী গাঁৱৰ বিদ্যালয়ৰ পৰাই তিনিটকীয়া বৃত্তি লাভ কৰি প্ৰাথমিক বিদ্যালয় পাছ কৰে। ইয়াৰ পাছত গোলাঘাটৰ উইলিয়ামচন মাইনৰ স্কুলত ভৰ্তি হয়। প্ৰবেশিকা পৰীক্ষা ১৮৮৮ চনত নগাঁও চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হয়। তেখেতৰ মেধা শক্তিৰ বাবে এটা কুৰিটকীয়া জলপানীও লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছত উচ্চ শিক্ষা লাভ কৰিবলৈ কলিকতালৈ ৰাওণা হয় আৰু প্ৰেচিডেন্সি কলেজত নাম লগায়। তাত তেখেতে চাৰি বছৰ কাল অধ্যয়ন কৰে, কিন্তু বি এ ডিগ্ৰী লাভ নকৰাকৈ গুৱাহাটীলৈ উভতি আহে। কৰ্মজীৱন ১৮৯৪ চনত হেমচন্দ্ৰ গোস্বামীয়ে গুৱাহাটীত সোণাৰাম হাইস্কুলত প্ৰধান শিক্ষক ৰূপে কৰ্মজীৱনৰ পাতনি মেলে। কিন্তু স্কুল কৰ্ত্তৃপক্ষৰ লগত মত বিৰোধ হোৱাত, তেখেতে এই পদ ত্যাগ কৰে। ১৮৯৫ চনত তেখেতে এডৱাৰ্ড গেইটৰ সহায়ত শ্বিলঙৰ সচিবালয়ত এটি চাকৰিত নিযুক্তি লাভ কৰে। ১৮৯৭ চনৰ পৰা চাব্ ডেপুটি কালেক্টৰ, পিছত ই এ চি আৰু ডেপুটি মেজিষ্ট্ৰেট হয়। ১৯২৫ চনত তেখেতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। মৃত্যু হেমচন্দ্ৰ গোস্বামীয়ে ১৯২৮ চনৰ ২ মে’ত, গুৱাহাটীৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। সাহিত্যচৰ্চা আলোচনী সম্পাদকৰূপে হেমচন্দ্ৰ গোস্বামী কলকাতাত এফ এ পঢ়ি থাকোঁতে চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে লগ লাগি ১৮৮৮ চনত হেমচন্দ্ৰ গোস্বামীয়ে ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ গঠন কৰে। এই সভাৰ মুখপত্ৰ ‘জোনাকী আলোচনী। ১৮৮৯ চনৰ পৰা চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত প্ৰকাশ হয়। দ্বিতীয় বছৰৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে হেমচন্দ্ৰ গোস্বামীয়ে। তৃতীয় আৰু চতুৰ্থ বছৰৰ দায়িত্বভাৰ পালন কৰে লক্ষ্মীনাথ বেজবৰুৱাই। ১৯১৬ চনত হেমচন্দ্ৰ গোস্বামীয়ে ‘অকণ’ নামৰ শিশু আলোচনী এখন সম্পাদনা কৰিছিল। কবি হেমচন্দ্ৰ গোস্বামী নগাঁৱত পঢ়ি থকা সময়ৰে পৰা হেমচন্দ্ৰ গোস্বামীয়ে ‘আসাম বন্ধু’ লেখাবলৈ লৈছিল। তেখেতৰ কবিতা সংকলন ‘ফুলৰ চাকি’ ১৯০৭ চনত প্ৰকাশ হয়। ‘কাকো আৰু হিয়া নিবিলাওঁ’, ‘পুৱা’, ‘কাকূতি’, ‘প্ৰিয়তমাৰ চিঠি’ আদি তেখেতৰ উৎকৃষ্ট মানৰ কবিতা। ‘প্ৰিয়তমাৰ চিঠি’ গোস্বামীদেৱৰ ছনেট বা চতুৰ্দশপদী কবিতা। এই কবিতাকেইটাৰ মাজেৰে প্ৰণয়ৰ এক সুৰ ভাঁহি উঠা দেখা যায়। তেখেত অসমীয়া ভাষাত ৰোমাণ্টিক কবিতাৰ অন্যতম ৰচক। ‘পুৱা’ কবিতাক আধুনিক কাব্য আন্দোলনৰ প্ৰথম খোজৰূপে চিহ্নিত। পুথি সংগ্ৰাহক আৰু পুথি প্ৰণেতা হেমচন্দ্ৰ গোস্বামী হেমচন্দ্ৰ গোস্বামীয়ে তেখেতৰ চাকৰি জীৱনত চৰকাৰৰ নিৰ্দেশত বহুতো পুৰণি পুথি সংগ্ৰহ কৰে। তেওঁ অসমৰ গাওঁ-ভুঁই, নগৰ-চহৰ, সত্ৰ আদি ফুৰি ৬ মাহ মানৰ ভিতৰতে প্ৰায় বাৰশমান পুথি সংগ্ৰহ কৰে। এই পুথিবোৰ কামৰূপ অনুসন্ধান সমিতিৰ পুথিভঁৰালত সংৰক্ষিত হৈ আছে। তেখেতে ১৩৩৪খন সাঁচিপতীয়া পুথি অধ্যায়ান কৰি ২৩৩খন পুথিৰ বিষয় বস্তুৰ আভাস দিয়া এখিন বৰ্ণনামূলক তালিকা নামেৰে অসম চৰকাৰে ১৯২৭ চনত প্ৰকাশ কৰে। কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য আশুতোষ মুখাৰ্জীৰ অনুৰোধ মতে ১৯১৮ চনৰ পৰা ‘অসমীয়া সাহিত্যৰ চানেকি’ যুগুত কৰা কামত ব্ৰতী হয় আৰু এই গ্ৰন্থ ১৯২৯ চনত(প্ৰথম খণ্ডটো)প্ৰকাশ পায়। তিনিটা ভাগত সম্পাদিত এই গ্ৰন্থ সাউদ ভোলানাথ বৰুৱাৰ দানৰ টকাৰে প্ৰকাশ হয়। কৰ্ণেল পি টি আৰ গৰ্ডনৰ তত্পৰতাত ১৯০০ চনত হেমচন্দ্ৰ গোস্বামীৰ সম্পাদনাত হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ প্ৰকাশ কৰে। তেখেতৰ আন এখন মূল্যৱান সম্পাদিত গ্ৰন্থ হ’ল ‘ভট্টদেৱৰ কথাগীতা’ (১৯১৮)। সূৰ্যখৰি দৈবজ্ঞৰ ‘দৰং ৰাজবংশাৱলী’, ‘হস্তিবিদ্যাৰ্ণৱ’, ‘শ্ৰীহস্তমুক্তাৱলী’, ‘পুৰণি অসমীয়া বুৰঞ্জী’(১৯২১) আৰু ‘কাম ৰত্নতন্ত্ৰ’ তেখেতৰ সম্পাদিত প্ৰাচীন গ্ৰন্থ। অসম সাহিত্য সভা আৰু হেমচন্দ্ৰ গোস্বামী হেমচন্দ্ৰ গোস্বামী ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ ৰ লগত জন্ম লগ্নৰে পৰা জড়িত। ১৮৮৮ চনৰ ২৫ আগষ্টত কলিকতাৰ ৬৭ নং মিৰ্জাপুৰ ষ্ট্ৰীটৰ মেছতে চাহমেলৰ সভাত হেমচন্দৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱা মিলি প্ৰধান ভূমিকা লৈ এই সভা গঠন কৰে। ‘অঃ ভাঃ উঃ সাঃ সঃ’ গঠন হোৱাৰ পিছত অসমীয়া সকলৰ মাজত এক নতুন জাতীয় জাগৰণৰ সূচনা হয়। ১৯১৪ চনত এই সভাই গুৱাহাটীত সদৌ অসম ভিত্তিত একত্ৰিত হৈ এখন বৃহত্তৰ সাহিত্য সন্মিলন পতাৰ কথা চিন্তা কৰে। ই চিন্তাই বাস্তৱ ৰূপ লৈ ১৯১৭ চনৰ ২৬, ২৭ ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত হোৱা আছাম এছোচিয়েশ্যনৰ সভাতে ‘সদৌ অসম সাহিত্য সন্মিলনী’ ৰ প্ৰথম অধিবেশন অনুষ্ঠিত হয়। পাছলৈ এই ‘সদৌ অসম সাহিত্য সন্মিলনী’য়েই ‘অসম সাহিত্য সভা’ ৰ নাম পায়। ১৯২০ চনৰ তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিবেশৰ হেমচন্দ্ৰ গোস্বামীয়ে সভাপতিৰ আসন অলংকৃত কৰিছিল। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ প্ৰবন্ধ: মাধৱ কন্দলী, লিখক: হেমচন্দ্ৰ গোস্বামী আছামীছ অনলাইন ৱেবছাইট। অসমৰ ব্যক্তি অসমীয়া কবি অসমীয়া প্ৰবন্ধকাৰ অসম সাহিত্য সভাৰ সভাপতি অসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত
33942
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%B2%E0%A6%95%E0%A6%BE%E0%A6%A4%E0%A6%BE%20%E0%A6%A8%E0%A6%BE%E0%A6%87%E0%A6%9F%20%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%A1%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%9B
কলকাতা নাইট ৰাইডাৰ্ছ
কলকাতা নাইট ৰাইডাৰ্ছ সংক্ষেপে ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত কলকাতাক প্ৰতিনিধিত্ব কৰা এটা ক্ৰিকেট ফ্ৰেন্সাইজি। এই ফ্ৰেন্সাইজিৰ স্বত্বাধিকাৰী হ'ল বলিউডৰ অভিনেতা শ্বাহৰুখ খানৰ ক'ম্পানী ৰে'ড চিলীজ এণ্টাৰটেইনমেণ্ট, অভিনেত্ৰী জুহি চাওলা আৰু তেওঁৰ স্বামী জয় মেহতাৰ মেহতা গ্ৰুপ। গৌতম গম্ভীৰ বৰ্তমান এই দলৰ অধিনায়ক আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ট্ৰেভৰ বে'লিছ এই দলৰ প্ৰশিক্ষক। ৱাছিম আক্ৰাম দলটোৰ বলিং কনছালটেণ্ট আৰু মেণ্টৰ। সৌৰভ গাংগুলী প্ৰথম তিনিটা বৰ্ষৰ কাৰণে দলটোৰ আইকন খেলুৱৈ আছিল আৰু প্ৰথম আৰু তৃতীয় বৰ্ষত দলটোৰ নেতৃত্ব দিছিল। দ্বিতীয় বৰ্ষত নেতৃত্বৰ দায়িত্বত আছিল ব্ৰেণ্ডন মেককুলাম। ২০১২ চনত চেন্নাইত ডিফেণ্ডিং চেম্পিয়ন চেন্নাই ছুপাৰ কিংছক ৫ উইকেটত হৰুৱাই দলটোৱে প্ৰথমবাৰ আই পি এলৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। দলটোৰ অফিচিয়েল থীমটো হ'ল কৰবো, লৰবো, জিতবো ৰে (কৰিম, যুঁজিম, জিকিম) আৰু অফিচিয়েল ৰং হ'ল পাৰ্প'ল আৰু সোণালী। ২০১১ চনত কলকাতা নাইট ৰাইডাৰ্ছৰ ব্ৰাণ্ড মূল্য আছিল $৫৭.৫ নিযুত আৰু ই সকলো দলৰ ভিতৰত তৃতীয় স্থানত আছিল। চেলিব্ৰিটীৰ অধীনৰ দল হিচাপে দলটোৱে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰা সত্বেও দলটোৱে ইতিমধ্যে বহু বিতৰ্কৰ সন্মুখীন সন্মুখীন হৈছে আৰু প্ৰথম তিনিটা বৰ্ষত দলটোৱে শোচনীয় প্ৰদৰ্শন আগবঢ়ায়। চতুৰ্থ বৰ্ষত অৱশ্যে দলটোৱে নিজৰ প্ৰদৰ্শন উন্নীত কৰি আই পি এল প্লে' অফ পৰ্যায় আৰু ২০১১ ছ লীগ টুৱেণ্টি২০লৈ যোগ্যতা অৰ্জন কৰে। ২০১২ চনত তেওঁলোকে আই পি এলৰ বিজয়ীৰ সন্মান লাভ কৰে। দলটোৰ সৰ্বাধিক ৰাণ কৰোঁতা হ'ল গৌতম গম্ভীৰ, আৰু সৰ্বাধিক ৱিকেট লওঁতা হ'ল লক্ষ্মীপতি বালাজি। এছিয়াৰ বৃহত্তম ষ্টেডিয়ামবিলাকৰ মাজৰ এখন তথা ভাৰতৰ সৰ্ববৃহৎ ষ্টেডিয়াম ইডেন গাৰ্ডেন, ছল্ট লে'ক ষ্টেডিয়াম আৰু ৰুংৰাডু মে' ডে' ষ্টেডিয়াম হৈছে দলটোৰ ঘৰুৱা খেলপথাৰ। ফ্ৰেন্সাইজিৰ ইতিহাস ২০০৮ চনত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ নামেৰে এখন টুৱেণ্টী২০ ক্ৰিকেট প্ৰতিযোগিতাৰ সৃষ্টি কৰে। সেই বছৰৰে এপ্ৰিলৰপৰা জুনলৈকে চলা প্ৰাৰম্ভিক বৰ্ষৰ আই পি এলত আঠটা দলৰ অংশগ্ৰহণৰ সিদ্ধান্ত লোৱা হয়। ২০ ফেব্ৰুৱাৰীত মুম্বাইত আঠখন ভিন্ন চহৰক প্ৰতিনিধিত্ব কৰা আঠটা দলৰ নিলাম অনুস্থিত হয়। বলিউডৰ অভিনেতা শ্বাহৰুখ খানৰ ক'ম্পানী ৰে'ড চিলীজ এণ্টাৰটেইনমেণ্টে অভিনেত্ৰী জুহি চাওলা আৰু তেওঁৰ স্বামী জয় মেহতাৰ লগ লাগি $৭৫.০৯ নিযুত (৩৫৭ কোটি) মূল্যত কলকাতাক প্ৰতিনিধিত্ব কৰিবলগা দলটো ক্ৰয় কৰে। ভাৰতৰ জাতীয় দলৰ প্ৰাক্তন অধিনায়ক, পশ্চিমবংগ নিবাসী, দ্য বেংগল টাইগাৰ, দাদা, দ্য প্ৰিন্স অব কলকাতা আদি বিভিন্ন উপনামেৰে সন্মানিত সৌৰভ গাংগুলীক দলটোৰ আইকন খেলুৱৈ ঘোষণা কৰা হয়। তেওঁক দলটোৰ অধিনায়ক হিচাপেও মনোনীত কৰা হয়। ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ ২০০৮ প্ৰথম বৰ্ষৰ আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰ আৰু ডেক্কান চাৰজাৰ্ছৰ বিৰুদ্ধে নিজৰ প্ৰথম দুইখন খেলতে বিজয় সাব্যস্ত কৰি কলকাতা নাইট ৰাইডাৰ্ছে সুন্দৰ আৰম্ভণি কৰে। উদ্বোধনী খেলখনত কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰাৰম্ভিক ছমেন ব্ৰেণ্ডন কুলামে ১৫৮ ৰাণৰ এটা ইনিংছ খেলে আৰু ইয়ে বৰ্তমানলৈ কোনো টুৱেণ্টি২০ খেলত কোনো ছমেনে সংগ্ৰহ কৰা সৰ্বাধিক ৰাণ। অৱশ্যে দলটোৱে ইয়াৰ পাছৰ চাৰিখন খেলত একেলেথাৰিয়ে পৰাজয়বৰণ কৰে। সৌৰভ গাংগুলী আৰু শ্বোৱেইব আখটাৰৰ সুন্দৰ প্ৰদৰ্শনেৰে দলটোৱে ইয়াৰ পাছৰ তিনিখন খেলত জয়লাভ কৰে যদিও দলটোৱে পুনৰ নিম্ন প্ৰদৰ্শন আগবঢ়াই তাৰ পিছৰ তিনিখন খেলত পৰাজিত হয়। ইয়াৰে এখন খেলত দলটো মুম্বাই ছৰ বিৰুদ্ধে ৬৭ ৰাণত অল আউট হয় আৰু ২০০৮ বৰ্ষৰ আই পি এলৰ ই সৰ্বনিম্ন স্ক'ৰ। দিল্লী ছৰ বিৰুদ্ধে খেলখন বৰষুণৰ বাবে বাতিল হোৱাত দলটোৰ ছেমিফাইনেল খেলাৰ আশা নিৰ্বাপিত হয়। নিজৰ অন্তিমখন খেলত দলটোৱে কিংছ পঞ্জাবৰ বিৰুদ্ধে জয়লাভ কৰে। দল গঠন, চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলখনত গাংগুলীৱে টছত জিকি লোৱা বেটিঙৰ সিদ্ধান্ত, ইডেন গাৰ্ডেনত অনুস্থিত খেলসমূহত আমোদকৰ লগোৱা আদি ক্ষেত্ৰত দলটো বিতৰ্কৰ সন্মুখীন হয়। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থাই শ্বাহৰুখ খানক খেল চলি থকা সময়ত দলটোৰ ড্ৰেছিং ৰুমত সোমোৱাত বাধা আৰোপ কৰে। তেওঁ পিছত এই বুলি বক্তব্য দিয়ে যে আই পি এলৰ বিষয়ববীয়াই আচৰণবিধিসমূহৰ স্পষ্টীকৰণ নকৰালৈকে তেওঁ আই পি এলৰ বাকী থকা খেলকেইখনত উপস্থিত নাথাকে। এই বৰ্ষৰ আই পি এলত মুঠ ১৩ কোটি টকা লাভ কৰি কলকাতাই আৰ্থিকভাৱে সবাতোকৈ সফল আই পি এল ফ্ৰেন্সাইজি হিচাপে পৰিগণিত হয়। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ২০১৩ চনৰ আই পি এলৰ কাৰণে কলকাতা নাইট ৰাইডাৰ্ছৰ থীম ছং ইণ্ডিয়ান প্ৰীমিয়াৰ
81914
https://as.wikipedia.org/wiki/%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%81%20%E0%A6%A6%E0%A6%A4%E0%A7%8D%E0%A6%A4
গুৰু দত্ত
বসন্ত কুমাৰ শিৱশংকৰ পাডুকন (,৯ জুলাই ১৯২৫ ১০ অক্টোবৰ ১৯৬৪) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেতা, নৃত্য পৰিচালক, আৰু লেখক আছিল। তেওঁ গুৰু দত্ত নামেৰে অধিক পৰিচিত। ২০১২ চনত তেওঁক চিএনএনৰ "টপ ২৫ এছিয়ান অভিনেতা"ৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছিল। দত্ত তেওঁৰ শিল্পকৰ্মৰ বাবে যথেষ্ট প্ৰশংসিত হৈছিল, বিশেষকৈ তেওঁৰ ক্ল'জ-আপ শ্বট, পোহৰ আৰু বিষাদৰ চিত্ৰণৰ ব্য়ৱহাৰ উল্লেখযোগ্য়। তেওঁ মুঠ ৮খন হিন্দী ছবি পৰিচালনা কৰিছিল, ইয়াৰে কেইখনমানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুৰাগীৰ বিশেষ সমাদাৰ লাভ কৰিছে। ইয়াৰ ভিতৰত আছে প্যাছা (১৯৫৭), এই ছবিখনে টাইম আলোচনীৰ ১০০খন শ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকাত স্থান লাভ কৰিছিল। লগতে কাগজ কে ফুল (১৯৫৯), চৌধুভিন কা চান্দ (১৯৬০), আৰু চাহিব বিবি ঔৰ গোলাম (১৯৬২) আদি চলচ্চিত্ৰসমূহক হিন্দী চিনেমাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকাত সঘনাই অন্তৰ্ভুক্ত কৰা হয়। প্ৰাথমিক জীৱন বসন্ত কুমাৰ শিৱশংকৰ পাদুকনে ১৯২৫ চনৰ ৯ জুলাইত, ভাৰতৰ বৰ্তমানৰ কৰ্ণাটক ৰাজ্যৰ পাদুকণত চিত্ৰপুৰ সৰস্বত ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। শৈশৱৰ এক ঘটনাক্ৰমে পিছত তেওঁৰ নাম সলনি কৰি গুৰুদত্ত পাডুকন কৰা হয়, বিশ্বাস আছিল যে ই এটা শুভ পছন্দ। তেওঁৰ পিতৃ শিৱশংকৰ ৰাও পাডুকন, এজন প্ৰধান শিক্ষক আৰু বেংকাৰ আছিল; তেওঁৰ মাতৃ আছিল বসন্তী, এগৰাকী শিক্ষয়িত্ৰী আৰু লেখিকা। পিতৃ-মাতৃ দুয়োজনেই প্ৰথমে কাৰৱাৰত বসতি স্থাপন কৰিছিল যদিও পাছত স্থানান্তৰিত হৈছিল। দত্তই প্ৰাৰম্ভিক শৈশৱ কলকাতাৰ ভোৱানীপুৰত কটায় আৰু তেওঁ সাৱলীল বাংলা ভাষা কয়। তেওঁৰ এগৰাকী সৰু ভনীয়েক আছিল—ললিতা লাজমী, যি এগৰাকী ভাৰতীয় চিত্ৰশিল্পী—আৰু ৩জন সৰু ভাই আছিল আত্মা ৰাম (এজন পৰিচালক), দেৱী (এগৰাকী প্ৰযোজক), আৰু বিজয়। একেদৰে তেওঁৰ ভতিজী কল্পনা লাজমীও আছিল এগৰাকী সুপৰিচিত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ; আৰু তেওঁৰ খুলশালীয়েক শ্যাম বেনেগাল এজন পৰিচালক আৰু চিত্ৰনাট্যকাৰ। কেৰিয়াৰ প্ৰাৰম্ভিক কেৰিয়াৰ ১৯৪২ চনৰ পৰা আৰম্ভ কৰি তেওঁ আলমোৰাৰ উদয় শংকৰৰ স্কুল অৱ ডান্সিং এণ্ড কোৰিঅ'গ্ৰাফীত অধ্যয়ন কৰে। কিন্তু ১৯৪৪ চনত কোম্পানীটোৰ নেত্ৰীগৰাকীৰ সৈতে জড়িত হোৱাৰ পিছত তেওঁক উলিয়াই দিয়া হয়। তাৰ পৰাই কলিকতাৰ (বৰ্তমান কলকাতা) লিভাৰ ব্ৰাদাৰ্ছৰ এটা কাৰখানাত টেলিফোন অপাৰেটৰত কৰ্মসংস্থাপন লাভ কৰে। কিন্তু অলপ সময়ৰ পিছতে তেওঁ চাকৰিটোৰ প্ৰতি বিমোহিত হৈ চাকৰিটো এৰি দিয়ে। সেই বছৰৰ শেষৰ ফালে পুনেৰ প্ৰভাত ফিল্ম কোম্পানীৰ সৈতে ৩ বছৰীয়া চুক্তিৰ অধীনত খুৰাকে তেওঁক এটা চাকৰি যোগাৰ কাৰি দিয়ে। প্ৰভাততে দত্তই দুজন লোকক লগ পাইছিল যি তেওঁৰ আজীৱন ভাল বন্ধু হৈ আছিল—অভিনেতা ৰেহমান আৰু দেৱ আনন্দ, পিছৰজনে পিছলৈ দত্তৰ পৰিচালনাৰ আত্মপ্ৰকাশৰ প্ৰযোজনা কৰিবলৈ আগবাঢ়ি আহিছিল। ১৯৪৫ চনত দত্তই বিশ্ৰম বেডেকাৰৰ লখৰাণী (১৯৪৫)ত অভিনয়ত আত্মপ্ৰকাশ কৰে, লাচমান হিচাপে, এটা সৰু চৰিত্ৰ। ১৯৪৭ চনত প্ৰভাটৰ সৈতে তেওঁৰ চুক্তি শেষ হোৱাৰ সময়তে দত্তৰ মাকে তেওঁক ফ্ৰীলান্স এচিষ্টেণ্ট হিচাপে চাকৰি যোগাৰ কৰি দিছিল। দত্তই এইবাৰ সহকাৰী নৃত্যশিল্পী বিদ্যাৰ সৈতে জড়িত হৈ পুনৰবাৰ চাকৰি হেৰুৱালে। তাৰপাছত দত্ত প্ৰায় ১০ মাহ নিবনুৱা হৈ বম্বেৰ মাটুংগাত পৰিয়ালৰ সৈতে থাকিল। এই সময়ছোৱাত দত্তই ইংৰাজী ভাষাত লিখাৰ এক ধাৰা গঢ়ি তুলিছিল আৰু স্থানীয় ইংৰাজী ভাষাৰ আলোচনী দ্য ইলাষ্ট্ৰেটেড উইকলি অৱ ইণ্ডিয়াৰ বাবে চুটিগল্প ৰচনা কৰিছিল। ব্ৰেকথ্ৰু ১৯৪৭ চনত প্ৰভাতৰ সৈতে থকা সময়খিনি বিফল হোৱাৰ পিছত দত্ত বোম্বাইলৈ গুচি যায় আৰু তাতে তেওঁ সেই সময়ৰ দুজন আগশাৰীৰ পৰিচালকৰ সৈতে কাম কৰে: অমিয়া চক্ৰৱৰ্তী (১৯৪৯); আৰু জ্ঞান মুখাৰ্জী (১৯৫০)ত। এই সময়খিনিতে দেৱ আনন্দই দত্তক তেওঁৰ নতুন কোম্পানী নৱকেতনত পৰিচালক হিচাপে চাকৰিৰ প্ৰস্তাৱ দিছিল। আনন্দ আৰু দত্তই এটা চুক্তিত উপনীত হয় যে দত্ত যদি চলচ্চিত্ৰ নিৰ্মাতা হ’ব লাগে তেন্তে তেওঁ আনন্দক নায়ক হিচাপে নিযুক্তি দিব, আৰু আনন্দই যদি এখন ছবি নিৰ্মাণ কৰে তেন্তে তেওঁ দত্তক ব্যৱহাৰ কৰিব ইয়াৰ পৰিচালক হিচাপে। সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি এই যুটিয়ে একেলগে একেৰাহে দুখন ছুপাৰ হিট ছবি নিৰ্মাণ কৰিছিল। প্ৰথমে আনন্দে বাজী (১৯৫১)ৰ বাবে দত্তক নিয়োগ কৰে, য'ত আনন্দ নিজেই অভিনয় কৰে আৰু দত্তৰ পৰিচালনাৰ আত্মপ্ৰকাশ হয়। নৈতিকভাৱে অস্পষ্ট নায়ক, ছাঁ পোহৰৰ সৈতে, ছবিখন ১৯৪০ চনৰ হলিউডৰ ধাৰাটোৰ প্ৰতি উৎসৰ্গিত। এই ছবিখনে বলিউদত পৰৱৰ্তী দশকবোৰৰ বাবে ধাৰাটোক সংজ্ঞায়িত কৰিছিল।[বাজীৰ পিছতে দত্তৰ দ্বাৰা পৰিচালিত আৰু আনন্দ অভিনীত জাল (১৯৫২) ছবিখনে পুনৰ বক্স অফিচত সফলতা লাভ কৰিছিল। দত্তৰ মৃত্যুৰ পিছত আনন্দই কৈছিল যে "তেওঁ এজন যুৱক আছিল, তেওঁ হতাশাজনক ছবি বনাব নালাগিছিল।" দত্ত আৰু চেতন আনন্দ (আনন্দৰ ডাঙৰ ভাতৃ) ৰ মাজৰ সৃষ্টিশীল পাৰ্থক্যই ভৱিষ্যতে সহযোগিতা কৰাটো কঠিন কৰি তুলিছিল। ১৯৫৯ চনত চিনেমাস্কোপত নিৰ্মিত প্ৰথম ভাৰতীয় ছবি দত্তৰ কাগজ কে ফুল মুক্তি পায়। বক্স অফিচত দুৰ্যোগ বুলি গণ্য কৰা এইখনেই হ’ব দত্তৰ দ্বাৰা নিৰ্মিত একমাত্ৰ ছবি যাৰ বাবে দত্তৰ লোকচান হৈছিল ১৭ কোটি টকা। সেই সময়ৰ মানদণ্ডত এয়া এক বৃহৎ পৰিমাণৰ ধন আছিল। পিছৰ ছবিবোৰ ১৯৬০ চনত দত্তৰ দলটোৱে এম ছাদিকৰ পৰিচালনাত ৱাহিদা ৰেহমান আৰু ৰেহমানৰ সৈতে দত্তক অভিনয় কৰা চৌধুৱিন কা চান্দক মুক্তি দিয়ে। ছবিখনে বক্স অফিচত সফলতা লাভ কৰিছিল আৰু কাগজৰ পৰা দত্তৰ ক্ষতিৰ পৰিমাণৰ অধিক উদ্ধাৰ কৰিছিল। ছবিখনৰ টাইটেল ট্ৰেক "চৌধুৱিন কা চান্দ হো" এটা বিশেষ ৰঙৰ ক্ৰমত নিৰ্মিত আৰু এই ছবিখনেই গুৰু দত্তৰ একমাত্ৰ ৰঙীন ছবি। ১৯৬২ চনত তেওঁৰ দলটোৱে চাহিব বিবি ঔৰ গোলাম নামৰ এখন সমালোচনাত্মকভাৱে সফল ছবি মুকলি কৰে যিখন পৰিচালনা কৰিছিল আব্ৰাৰ আলভিয়ে, যিয়ে ছবিখনৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ পৰিচালক বঁটা লাভ কৰিছিল। ছবিখনত দত্ত আৰু মীনা কুমাৰীৰ লগতে ৰেহমান আৰু ৱাহিদা ৰেহমানে সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। ১৯৬৪ চনত হৃষিকেশ মুখাৰ্জীৰ দ্বাৰা পৰিচালিত অন্তিমখন ছবি ‘সঞ্জ ঔৰ সাভেৰা’ত মীনা কুমাৰীৰ বিপৰীতে অভিনয় কৰিছিল দত্তই। সফলতা তেওঁৰ চলচ্চিত্ৰ প্ৰকল্পসমূহৰ কাৰ্য্যক্ষমতাৰ বিষয়ে সাধাৰণ বিশ্বাসৰ বিপৰীতে দত্তই কম-বেছি পৰিমাণে বাণিজ্যিকভাৱে সফল চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। বছৰ বছৰ ধৰি তেওঁৰ প্ৰকল্পসমূহৰ বাণিজ্যিক প্ৰকৃতিয়ে তেওঁৰ সৃষ্টিশীল আকাংক্ষাৰ সৈতে এক ট্ৰেড-অফ দেখিবলৈ পাইছিল। চি.আই.ডি., বাজী, প্যাছা, কাগজ কে ফুল, চৌধুভিন কা চান্দ আৰু চাহিব বিবি ঔৰ গোলাম আদি চলচ্চিত্ৰ হিন্দী চিনেমাত এই ধৰণৰ প্ৰথম। বক্স অফিচ দুৰ্যোগ বুলি গণ্য কৰা দত্তৰ দ্বাৰা নিৰ্মিত একমাত্ৰ ছবিখন আছিল কাগজ কে ফুল, যিখন এতিয়া এটা কাল্ট ক্লাছিক। কাগজ কে ফুলৰ ডিভিডিৰ এক্সট্ৰা ফিচাৰত আছে দত্তৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত চেনেল ৪ৰ দ্বাৰা নিৰ্মিত তিনিটা খণ্ডৰ শীৰ্ষকএখন তথ্য়চিত্ৰ। তেওঁ ৰাজ কাপুৰ, মেহবুব খান আৰু বিমল ৰয়ৰ সৈতে ১৯৫০ চনৰ মাজভাগৰ পৰা ১৯৬০ চনৰ মাজভাগলৈকে কলাত্মক আৰু বাণিজ্যিক সফলতাৰ সুস্থ মিশ্ৰণ লাভ কৰিবলৈ সক্ষম হোৱা কেইজনমান ভাৰতীয় চলচ্চিত্ৰ পৰিচালকৰ ভিতৰত অন্যতম আছিল। তেওঁৰ ভাতৃ আত্মা ৰামে ১৯৬৯ চনত নিৰ্মাণ কৰা চন্দ ঔৰ বিজলী ছবিখন দত্তৰ বাবে উৎসৰ্গা কৰিছিল। সন্মান পোহৰ আৰু ছাঁৰ সম্পৰ্কত নিজৰ কল্পনাশক্তি, উত্তেজক চিত্ৰকল্প, আৰু আখ্যানত একাধিক বিষয়ভিত্তিক স্তৰ বৈ যোৱাৰ আকৰ্ষণীয় ক্ষমতা ব্যৱহাৰ কৰা এজন পৰিচালক হিচাপে দত্ত পৰিচিত। কাগাজ কে ফুল আৰু প্যাছা দুয়োখনেই সৰ্বকালৰ শ্ৰেষ্ঠ ছবিৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। লগতে ২০০২ চনৰ চাইট এণ্ড চাউণ্ড আলোচনীৰ "টপ ফিল্মছ চাৰ্ভে"তো অন্তৰ্ভুক্ত কৰা হৈছে য'ত ২৫০ জনতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচক আৰু পৰিচালকৰ সমীক্ষা লোৱা হৈছিল। ২০০৫ চনত প্যাছাই টাইম আলোচনীৰ অল-টাইম ১০০ চলচ্চিত্ৰৰ তালিকাত স্থান লাভ কৰে। ২০১০ চনত দত্তক চিএনএনৰ "সৰ্বকালৰ শীৰ্ষ ২৫জন এছিয়ান অভিনেতা"ৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়। দত্তক চিত্ৰিত কৰা এটা ডাকটিকট ২০০৪ চনৰ ১১ অক্টোবৰত ইণ্ডিয়া পোষ্টে মুকলি কৰে। ২০১১ চনৰ ১০ অক্টোবৰত দত্তৰ ওপৰত এখন দূৰদৰ্শনৰ তথ্যচিত্ৰ প্ৰচাৰ হৈছিল। ২০২১ চনত লেখক ইয়াছেৰ উছমানে তেওঁৰ বিষয়ে এখন জীৱনীমূলক গ্ৰন্থ প্ৰকাশ কৰিছিল, যাৰ নাম আছিল চলচ্চিত্ৰসমূহ তথ্য সংগ্ৰহ ভাৰতৰ ব্যক্তি হিন্দী ভাষাৰ চলচ্চিত্ৰ
32534
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A6%AD%E0%A6%AD%E0%A6%BE%E0%A6%87%20%E0%A6%AA%E0%A7%87%E0%A6%9F%E0%A7%87%E0%A6%B2
বল্লভভাই পেটেল
চৰ্দাৰ বল্লভভাই পেটেল (১৮৭৫-১৯৫০) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন সক্ৰিয় যুঁজাৰু, ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন নেতা আৰু ভাৰতীয় গণতন্ত্ৰৰ এজন অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ জৱাহৰলাল নেহৰু মন্ত্ৰীসভাৰ গৃহমন্ত্ৰী আছিল। তেওঁ ১৯২৪ চনৰ আহমেদাবাদ নগৰ কমিটীৰ নিৰ্বাচনত কংগ্ৰেছৰ হৈ নেতৃত্ব দিছিল। কৰাচীত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিবেশনত সভাপতিত্ব কৰিছিল। তেখেতক ভাৰত-ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। তেওঁক চৰ্দাৰ উপাধিৰে জনা যায়, যাৰ অৰ্থ হিন্দী আৰু উৰ্দু ভাষাত দলপতি। তাৰোপৰি তেওঁক ভাৰতৰ লৌহ পুৰুষ বুলি জনা যায়| গুজৰাট ৰাজ্যৰ নৰ্মদা জিলাত অৱস্থিত ১৮২ মিটাৰ উচ্চতাৰ পৃথিৱীৰ আটাইতকৈ উচ্চ মূৰ্তি একতাৰ মূৰ্তি বা ষ্টেচু অফ ইউনিটি তেওঁৰ নামত উছৰ্গিত এক স্মৃতিসৌধ। জন্ম আৰু পৰিয়াল চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম হয় ১৮৭৫ চনৰ ৩১ অক্টোৱৰ তাৰিখে গুজৰাটৰ খেদা জিলাৰ বোৰচাদ তালুকাৰ মৌজাৰ কৰমচাঁদ নামৰ গাঁৱত। তেওঁৰ পিতাকৰ নাম আছিল ঝাভেৰ ভাই পেটেল আৰু মাকৰ নাম আছিল লাড়বাঈ। হাইস্কুলত পঢ়ি থকা কালতে মাত্ৰ ১৮ বছৰ বয়সতে তেওঁক মাক-পিতাকে বিবাহ কৰাই দিছিল। তেওঁৰ পত্নীৰ নাম আছিল ঝবেৰ বাই। বিয়াৰ সময়ত ঝবেৰ বাইৰ বয়স আছিল দহবছৰ। শিক্ষা জীৱন চৰ্দাৰ বল্লভভাই পেটেলক সৰুতেই গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত তেওঁৰ মাক-দেউতাকে নাম ভৰ্তি কৰি দিছিল। প্ৰাইমাৰী বিদ্যালয়ৰ তৃতীয় শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁক পেঠলাদ থকা এখন কনিষ্ঠ বিদ্যালয়ত তেওঁৰ মাক- দেউতাকে নাম ভৰ্তি কৰি দিছিল। ইয়াতে তেওঁ ষষ্ঠ মান শ্ৰেণীলৈকে পঢ়াৰ পিছত, উচ্চ শিক্ষা লাভৰ উদ্দেশ্যে নাদিয়াদলৈ যায়। নাদিয়াদৰ হাইস্কুলৰ পৰা তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত পেটেলে কলেজত পঢ়াৰ ধাউতি কৰিছিল। কিন্তু ঘৰুৱা অৱস্থা টনকিয়াল নোহোৱা বাবে তেওঁ সিমানতে পঢ়া জীৱনৰ সামৰণি মাৰিবলগীয়া হয়। কিছুদিন তেওঁ মুক্তিয়াৰী কৰাৰ পিছত আৰ্থিক অৱস্থা সচ্ছল হোৱাত, তেওঁ ইংলেণ্ডলৈ গৈ বেৰিষ্টাৰী পঢ়াৰ ইচ্চা কৰিলে। সেয়ে তেওঁ ইংলেণ্ডৰ মিডল টেম্পল কলেজত বেৰিষ্টাৰী পঢ়িবলৈ লয়। এই কলেজত তেওঁ ৰোমান আইনৰ বিষয়ত পৰীক্ষা দি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। এই পৰীক্ষাৰ শেষ পৰীক্ষাটো দিয়ে তেওঁ ১৯১২ চনৰ জুনত আৰু ফলাফলত তেওঁ প্ৰথম স্থান দখল কৰি উত্তীৰ্ণ হয় আৰু এই কৃতিত্বৰ বাবে তেওঁ ৫০ পাউণ্ডৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। বেৰিষ্টাৰী পাছ কৰাৰ পিছত, তেওঁ ভাৰতলৈ উভতি আহে। কৰ্মজীৱন চৰ্দাৰ বল্লভভাই পেটেলে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত সেই সময়ত মুক্তিয়াৰ নামেৰে আদালতৰ এবিধ উকীলৰ বাবে হোৱা এটা নিদিষ্ট পৰীক্ষা দি- সেই পৰীক্ষাত উত্তীৰ্ন হৈ গোধাৰৰ আদালতত মুক্তিয়াৰ কৰিবলৈ লয়। পিছলৈ তেওঁ আদালতত এজন ভাল উকীলৰূপে পৰিচিত হয়। ফৌজদাৰী মোকৰ্দমা চলোৱাত তেওঁ বিশেষ সুখ্যাতি অৰ্জন কৰিছিল। ১৯১২ চনত ইংলেণ্ডৰ মিডল টেম্পল কলেজত বেৰিষ্টাৰী সমাপ্ত কৰি তেওঁ ভাৰতলৈ আহি আহমদাবাদত ওকালতি কৰিবলৈ লয় এই সময়চোৱাতে তেওঁৰ পত্নীৰ বিয়োগ ঘটে। তথাপিও তেওঁ ওকালতিৰ মাজেৰে দৰিদ্ৰজনৰ মাজত সোমাই পৰে আৰু তেওঁলোকৰ সেৱাত মনোনিবেশ কৰে। সংগ্ৰামী জীৱন ১৯১৭ চনত মহাত্মা গান্ধীয়ে চাম্পাৰণত মেজিষ্ট্ৰেটৰ হুকুম অমান্য কৰি তেওঁৰ কাম সমাধা কৰিবলৈ ওলোৱাৰ কথা শুনাৰে পৰা ছৰ্দাৰ বল্লভভাই মহাত্মা গান্ধীৰ প্ৰতি আকৰ্ষিত হয় আৰু তেতিয়াৰে পৰাই তেওঁ সংগ্ৰামত সোমাই পৰি গুজৰাটৰ সভাত যোগদান দিয়ে। গুজৰাট সভাই বেগাৰি প্ৰথাৰ বিৰুদ্ধে এই আন্দোলনৰ কাৰ্যসূচী হাতত লয়। এই আন্দোলনৰ ফলত বেগাৰি খটা মানুহৰ দুখ-দুৰ্গতি বহুখিনি কমাবলৈ সক্ষম হয়। সেইসময়তে আহমদাবাদত প্লেগ মহামাৰিয়ে দেখা দিয়াত চৰ্দাৰ বল্লভভাই পেটেলে এই ৰোগী সকলৰ ওচৰলৈ গৈ তেওঁলোকৰ সেৱাত ব্ৰতী হৈছিল। পেটেলে দৰিদ্ৰ জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা এনে সেৱাৰ মনোভাৱৰ বাবে মহাত্মা গান্ধীয়ে তেওঁৰ ভূয়সী প্ৰশংসা কৰে। ১৯১৭ চনত ছৰ্দাৰ বল্লভভাই পেটেল আহমদাবাদ মিউনিচিপালিটীৰ সদস্য হৈ মিউনিচিপালিটীৰ স্বায়ত্ত্ব শাসনৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ যুঁজ দিয়াৰ উপৰিও চহৰখন নিকা কৰিবলৈ আৰু নাগৰিক সকলৰ কৰ্তব্যনিষ্ঠাৰ প্ৰতি সজাগ হ'বলৈ আহ্বান জনাইছিল। ১৯১৮ চনত পশ্চিমীয়া সাজ-পোচাক দলিয়াই পেলাইছিল আৰু তাৰ পৰিবৰ্তে তেওঁ ধূতি-কুৰ্তা পৰিধান কৰিছিল। ১৯১৯ চনত ব্ৰিটিছ চৰকাৰে ভাৰতবাসীক দমন কৰিবলৈ ৰাওলাট এক্ট জাপি দিয়ে। ব্ৰিটিছৰ এই কুখ্যাত আইনৰ বিৰুদ্ধে দেশত প্ৰতিবাদ দিৱস পালন কৰা হয়। মহাত্মা গান্ধীয়ে ইংৰাজৰ গৱৰ্ণৰ লৰ্ড মণ্টেণ্ড চেমচ্ ফোৰ্ডক ৰাওলাট আইনত সন্মতি প্ৰদান নকৰিবলৈ অনুৰোধ জনায়। ইংৰাজ বাহিনীয়ে শান্তিপূৰ্ণ আন্দোলনকাৰীসকলৰ ওপৰত অমানৱীয় দমননীতি চলায়। তাৰ লগে লগেই কুখ্যাত ৰাওলাট আইনৰ প্ৰতিবাদৰ জোৱাৰ উঠে পঞ্জাব প্ৰদেশত। পঞ্জাবৰ এই আন্দোলন দমন কৰিবলৈ চৰকাৰে সামৰিক আইন জাৰি কৰে। ১৯১৯ চনৰ ১৩ এপ্ৰিলত ৰাওলাট আইনৰ প্ৰতিবাদত পঞ্জাবৰ জালিয়ানৱালাবাগ নামৰ ঠাইত শান্তিপূৰ্ণ জনসমাবেশৰ আয়োজন কৰিছিল আৰু ব্ৰিটিছ সেনাপতি ডায়াৰে স-সৈন্যে আন্দোলনকাৰী সকলক আগুৰি ধৰি অপ্ৰৰোচিতভাবে গুলি চলাবলৈ আৰম্ভ কৰে। এই গুলি চালনাত ১২০০ জন নিহত হয় আৰু ৩৬০০ জন আহত হয়। ১৯১৯ চনত ৰাওলাট আইনৰ বিৰুদ্ধে আহমদাবাদত বাহিৰ কৰা সমদলৰ নেতৃত্ব দিছিল ছৰ্দাৰ বল্লভভাই পেটেলে। ১৯২০ চনত কলকাতত জাতীয় কংগ্ৰেছৰ এখন অধিবেশন অনুষ্ঠিত কৰা হয় আৰু এই অধিবেশনতে অসহযোগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। মহাত্মা গান্ধীৰ নেতৃত্বত চলা এই আন্দোলনত স্বদেশী বস্তু গ্ৰহণ, বিদেশী বস্তু ত্যাগৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। গান্ধীয়ে চৰকাৰে প্ৰদান কৰা কেশৰী হিন্দ উপাধি ত্যাগ কৰে। লগে লগে মতিলাল নেহৰু, চিত্তৰঞ্জন দাস, বল্লভভাই পেটেল, ৰাজেন্দ্ৰ প্ৰসাদ আদি আইনজীৱীসকলে ওকালতি ত্যাগ কৰে। ১৯২১ চনত আহমদাবাদত জাতীয় কংগ্ৰেছৰ অধিবেশন বহে আৰু এই অধিবেশনত সভাপতিত্ব কৰিছিল ছৰ্দাৰ বল্লভভাই পেটেলে। ১৯২২ চনত কংগ্ৰেছত কংগ্ৰেছৰ সভাপতি হাকিম আজমল খান থাকোঁতেই তেওঁ জব্বলপুৰলৈ গৈছিল। তাৰ মিউনিচিপালিটীয়ে তেওঁক মান-পত্ৰৰে সম্বৰ্দ্ধনা জনোৱাৰ উপৰিও মিউনিচিপালিটীৰ কাৰ্যালয়ত জাতীয় পতাকা উত্তোলন কৰে। তেতিয়াৰে পৰা সমদল আদিত জাতীয় পতাকা লোৱা নিষিদ্ধ কৰিছিল ব্ৰিটিছ চৰকাৰে। এই লৈ প্ৰতিবাদ কৰাত শেঠ যমুনালাল বাজাজ প্ৰমুখ্যে এচাম নেতাক চৰকাৰে আৰু তাৰ পিছতে পতাকা আন্দোলনৰ দায়িত্বভাৰ পৰে ছৰ্দাৰ বল্লভভাই পেটেলৰ ওপৰত। ১৯২৪ চনত আহমদাবাদ নগৰ কমিটীৰ নিৰ্বাচনত ছৰ্দাৰ বল্লভভাই পেটেলে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। দলপতি হিচাপে তেওঁ নগৰ কমিটীৰ অধ্যক্ষ নিৰ্বাচিত হয়। ১৯২৭ চনত পুনৰ আহমদাবাদ নগৰ কমিটীৰ নিৰ্বাচনত জয়ী হৈ পুনৰ তেওঁ অধ্যক্ষ নিৰ্বাচিত হয়। ইয়াৰ পিছত ব্ৰিটিছ চৰকাৰে ভাৰতবাসী শোষণৰ উদ্দেশ্যে লোণ আইন প্ৰৱৰ্তন কৰি লোণৰ ওপৰত অত্যধিক কৰ বহুৱাইছিল। ১৯৩০ চনত মহাত্মা গান্ধীয়ে ব্ৰিটিছ চৰকাৰক এই লোণ আইন উঠাই লবলৈ দাবী জনায়, কিন্তু চৰকাৰে এই দাবীৰ প্ৰতি সঁহাৰি নজনোৱাত মহাত্মা গান্ধীয়ে নিজৰ আশ্ৰমৰ পৰা ২০০ মাইল দুৰত্বত থকা সাগৰৰ পাৰৰ দাণ্ডি নামৰ গাঁৱলৈ যাত্ৰা আৰম্ভ কৰি, তাত নিজ হাতে লোণ তৈয়াৰ কৰি, লোণ আইন ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই মৰ্ম ১৯৩০ চনৰ ১২ মাৰ্চত মহাত্মাই ৭৯ জন সতীৰ্থৰে দাণ্ডিযাত্ৰা আৰম্ভ কৰে। খোজকাঢ়ি ২০ দিনৰ মূৰত দাণ্ডিত উপস্থিত হৈ সাগৰৰ পৰা এডোখৰ লোণ তুলি, লোণ আইন ভংগ কৰে। গান্ধীৰ এই যাত্ৰাত ছৰ্দাৰ বল্লভভাই পেটেল আছিল অন্যতম। এই আন্দোলনৰ বাবে মহাত্মাক ৫ মেত গ্ৰেপ্তাৰ কৰে আৰু ছৰ্দাৰ বল্লভভাই পেটেলক তিনিমাহ কাৰাবৰণ আৰু অতিৰিক্ত ৫০০ টকা জৰিমনা কৰে। এই জৰিমনা দিবলৈ অস্বীকাৰ কৰাত তেওঁক অতিৰিক্তভাবে তিনি সপ্তাহ বেছিকৈ কাৰাবাস দিয়ে। ১৯৩১ চনত কৰাচীত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিবেশনত ছৰ্দাৰ বল্লভভাই পেটেলে সভাপতিত্ব কৰে। দ্বিতীয় ঘূৰণীয়া মেজমেল অসফল হোৱাৰ পিছত ভাইচৰয় লৰ্ড ৱেলিংটনে ভাৰতবৰ্ষত কঠোৰ দমনমূলক নীতি আৰম্ভ কৰে। ব্ৰিটিছ চৰকাৰে কংগ্ৰেছত অবৈধ ঘোষণা কৰে আৰু লগে লগে নেতা সকলে আত্মগোপন কৰিবলৈ বাধ্য হয়। চৰকাৰে সেই সময়ত মহাত্মা গান্ধী আৰু ছৰ্দাৰ বল্লভভাই পেটেলক কাৰাৰুদ্ধ কৰে। ১৯৩৬-৩৭ চনত কংগ্ৰেছ পাৰ্লিয়ামেণ্টৰী শাখা কমিটীৰ চেয়াৰমেন নিযুক্ত হয় চৰ্দাৰ বল্লভভাই পেটেল। ১৯৪২ চনৰ ৮ আগষ্টত বোম্বাইত বহা জাতীয় কংগ্ৰেছৰ অধিবেশনে ভাৰত-ত্যাগৰ প্ৰস্তাৱ গৃহীত কৰে। ৯ আগষ্টৰ দিনা মহাত্মা গান্ধী, সৰোজিনী নাইডু, ছৰ্দাৰ বল্লভভাই পেটেল আদি নেতা সকলক গ্ৰেপ্তাৰ কৰা হয়। ১৯৪৬ চনত অন্তৰ্ৱতী চৰকাৰ গঠন কৰিবলৈ ভাইচৰয়ে নেহৰুক আমন্ত্ৰণ জনায় আৰু ১২ ছেপ্টেম্বৰত নেহৰুৱে অন্তৰ্ৱতী চৰকাৰ গঠন কৰে। ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰত স্বাধীন হোৱাৰ পিছত জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰিত্বত চৰ্দাৰ বল্লভভাই পেটেলে গৃহমন্ত্ৰীৰ দায়িত্ব পালন কৰে। বঁটা আৰু সন্মান ভাৰত-ৰত্ন, (১৯৯১) লৌহ-মানৱ (উপাধি) মৃত্যু ১৯৫০ চনৰ ১৫ ডিচেম্বৰত বোম্বাইত চৰ্দাৰ বল্লভভাই পেটেলৰ পৰলোকপ্ৰাপ্তি ঘটে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ 1947 ভাৰত ৰত্ন বঁটা বিজয়ী ভাৰতৰ ব্যক্তি ভাৰতৰ স্বাধীনতা সংগ্ৰামী গুজৰাটী ব্যক্তি গুজৰাটৰ
62425
https://as.wikipedia.org/wiki/%E0%A6%86%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%8D%E0%A7%B0%E0%A7%87%20%E0%A6%AE%E0%A7%87%E0%A7%B0%E0%A6%BF%20%E0%A6%8F%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A7%87%E0%A7%B0
আণ্ড্ৰে মেৰি এম্পিয়েৰ
আণ্ড্ৰে মেৰি এম্পিয়েৰ ২০ জানুৱাৰী ১৭৭৫-১০ জুন ১৮৩৬) আছিল এগৰাকী ফৰাচী পদাৰ্থবিদ আৰু গণিতজ্ঞ৷ ধ্ৰুপদী বিদ্যুৎ-চুম্বকত্বৰ প্ৰতিস্থাপকসকলৰ ভিতৰত তেওঁৰ নামটো উল্লেখযোগ্য, যাক তেওঁ বিদ্যুৎগতিবিজ্ঞান হিচাপে অভিহিত কৰিছিল৷ তেওঁ কেইবাটাও প্ৰায়োগিক সঁজুলি উদ্ভাৱন কৰিছিল; যাৰ ভিতৰত ছলেনয়ড বৈদ্যুতিক টেলিগ্ৰাফ আছিল প্ৰধান৷ তেওঁ আছিল স্ব-শিক্ষিত ব্যক্তি৷ তেওঁ ফৰাচী বিজ্ঞান একাডেমী ৰ এজন সদস্য আছিল আৰু ইক'ল পলিটেকনিক আৰু কলেজ ডি ফ্ৰান্সৰ অধ্যাপক আছিল৷ আন্তৰ্জাতিক একক পদ্ধতি )য়ে বৈদ্যুতিক প্ৰৱাহৰ একক এম্পিয়েৰক তেওঁৰ নামেৰে নামকৰণ কৰিছে৷ পেৰিছত থকা আইফেল টাৱাৰৰ খোদিত ৭২টা নামৰ ভিতৰত তেওঁ নামটোও সন্নিৱিষ্ট হৈছে৷ প্ৰাৰম্ভিক জীৱন আণ্ড্ৰে মেৰি এম্পিয়েৰৰ জন্ম হৈছিল ১৭৭৫ চনৰ ২০ জানুৱাৰীত৷ তেওঁৰ পিতৃ জিন-জেকুৱা এম্পিয়েৰ আছি এগৰাকী ব্যৱসায়ী আৰু মাতৃ জিয়ান এণ্ট'নেটে দেছ'টিৰেশ ছাৰ্ছি এম্পিয়েৰ৷ সেইখিনি সময়ত "ফৰাচী আলোকিতকৰণ"-এ চৰম সীমাত উপনীত হৈছিল৷ এম্পিয়েৰে তেওঁৰ শৈশৱ আৰু কৈশোৰ লিয়নৰ পলিমিয়ক্স-অ'-মণ্ট-ড'ৰত পাৰ কৰিছিল৷ আনহাতে পিতৃ জিন-জেকুৱা এম্পিয়েৰ এজন সফল ব্যৱসায়ী আৰু জিন-জেকুৱা ৰুছুৰ দৰ্শনৰ প্ৰশংসাকাৰী আছিল৷ তেওঁৰ শিক্ষাৰ তত্ত্বসমূহেই শিশু-কিশোৰ এম্পিয়েৰৰ মূল আধাৰ হৈছিল৷ ৰুছোৱে বিশ্বাস কৰিছিল যে তৰুণ ল'ৰাহঁতে আনুষ্ঠানিক শিক্ষা পৰিহাৰ কৰিব লাগে৷ তাৰ পৰিৱৰ্তে তেওঁলোকে "প্ৰকৃতিৰ পৰা পোনপটীয়া শিক্ষা" গ্ৰহণ কৰিব লাগে৷ এম্পিয়েৰৰ পিতৃয়ে এই ধাৰণাটো বাস্তৱায়িত কৰিছিল আৰু নিজৰ পুত্ৰক তেওঁৰ সুগঠিত পুথিভঁৰালটোৰ ভিতৰতে পঢ়িবলৈ উৎসাহিত কৰিছিল৷ অৱশ্যে,কিশোৰ এম্পিয়েৰে সোনকালেই নিজৰ লেটিনৰ বিষয়সমূহৰ শিক্ষা পুনৰ আৰম্ভ কৰিলে আৰু ইয়াৰ ফলত তেওঁ লিঅ'নাৰ্ড ইউলাৰ আৰু ডেনিয়েল বাৰ্ণ'লিৰ কৰ্মৰাজীত বুৎপত্তি লাভ কৰিবলৈ সক্ষম হ'ল৷ ফৰাচী বিপ্লৱ ১২ বছৰ বয়সতে এম্পিয়েৰে উচ্চ গণিতৰ সম্পৰ্কে নিজকে স্ব-শিক্ষিত কৰিছিল৷ ইয়াৰ বাবে তেওঁ শেহতীয়া কিতাপবোৰ পঢ়িছিল৷ পৰৱৰ্তী জীৱনত এম্পিয়েৰে দাবী তুলিছিল যে, গণিত আৰু বিজ্ঞান সম্পৰ্কে তেওঁ জনা আটাইবোৰ কথায়েই ওঠৰ বছৰ বয়সত শিকা৷ কিন্তু তেওঁ আছিল এজন বহুবিদ্যাজ্ঞ সেয়েহে তেওঁ ইতিহাস, ভ্ৰমণ, কাব্য, দৰ্শন আৰু প্ৰাকৃতিক বিজ্ঞানো পঢ়িছিল৷ আনহাতে এম্পিয়েৰৰ মাতৃ আছিল এগৰাকী ধৰ্মপ্ৰাণ মহিলা৷ সেইকাৰণে এম্পিয়েৰে আলোকিতকৰণ বিজ্ঞানৰ লগতে কেথোলিক বিশ্বাসো অধ্যয়ন কৰিছিল৷ ফৰাচী বিপ্লৱ (১৭৮৯-৯৯) আৰম্ভ হৈছিল এম্পিয়েৰৰ যুৱকালত৷ এই বিপ্লৱ অত্যন্ত প্ৰভাৱশালী আছিল; আৰু নতুন বিপ্লৱী চৰকাৰখনে এম্পিয়েৰৰ পিতৃক অসামৰিক সেৱালৈ আমন্ত্ৰিত কৰিছিল৷ তেওঁ লিয়নৰ কাষৰে সৰু চহৰত শান্তিৰ ন্যায়দাতা হৈছিল৷ যেতিয়া ১৭৯২ চনত জেকোবিয়ান দলে বিপ্লৱী চৰকাৰখন নিজৰ অধীনলৈ আনিলে, তেতিয়া পিতৃ জিন-জেকুৱা এম্পিয়েৰে নতুন ৰাজনৈতিক ঢৌটোৰ প্ৰতিৰোধ কৰিছিল৷ ইয়াৰ বাবে ১৭৯৩ চনৰ ২৪ নৱেম্বৰত, জেকোবিয়ান প্ৰায়শ্চিতকৰণৰ নিয়মানুসাৰি তেওঁৰ শিৰচ্ছেদ কৰা হয়৷ ১৭৯৬ চনত এম্পিয়েৰে জুলি কেৰনক লগ পায়৷ ১৭৯৯ চনত তেওঁলোক বৈবাহিক বান্ধোনত আবদ্ধ হয়৷ ১৭৯৯ চনতে এম্পিয়েৰে গণিতৰ শিক্ষক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল৷ এই চাকৰিটোৱে তেওঁক এক আৰ্থিক নিশ্চয়তা প্ৰদান কৰাৰ লগতে বৈবাহিক জীৱনো সহজতৰ কৰি তুলিছিল৷ পৰৱৰ্তী বয়সত তেওঁ প্ৰথমটো সন্তানৰ পিতৃ হৈছিল৷ সন্তানটিৰ নাম তেওঁ নিজৰ পিতৃৰ নামেৰেই দিছিল৷ উল্লেখযোগ্য যে, ফ্ৰান্সৰ নেপোলিয়ন যুগৰ ৰূপান্তৰ আৰু এম্পিয়েৰৰ পৰিপূৰ্ণতা-এই দুয়োটা ঘটনা একেটা সময়তে ঘটিছিল৷ পিতৃ-শিক্ষক এম্পিয়েৰে নতুন ফ্ৰান্স-সমৰ্থিত প্ৰযুক্তিগত কাঠামোটোৰ ভিতৰতে সফলতামুখী নতুন পথ বিচাৰি পালে৷ ১৮০২ চনত এম্পিয়েৰক "বাৰ্গ-এন-ব্ৰেছে"ৰ ইক'লো চেণ্ট্ৰেলত পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান অধ্যাপক হিচাপে নিযুক্তি দিয়া হয়৷ ইয়াৰ বাবে তেওঁ ৰুগীয়া পত্নী আৰু সদ্যোজাত শিশু জিন জেকুৱা-এণ্টনিঅ' এম্পিয়েৰক লিয়নতে এৰি আহিবলগীয়া হয়৷ বাৰ্গৰ আজৰি সময়ত তেওঁ গণিতৰ গৱেষণাত মন দিলে আৰু "গাণিতিক সম্ভাৱিতা" সম্বন্ধে এখনি পুথি লিখি উলিয়ালে৷ যাৰ নাম (1802; (৷) গৱেষণা-পুথিখন তেওঁ ১৮০৩ চনত পেৰিছ বিজ্ঞান একাডেমীলৈ প্ৰেৰণ কৰিলে৷ শিক্ষাদানৰ কাল ৰ ১৮০৩ চনৰ জুলাই মাহত পত্নীৰ মৃত্যুৰ পিছত এম্পিয়েৰ পেৰিছলৈ যায়৷ ১৮০৪ চনত তেওঁ "ইক'ল পলিটেকনিক"তে টিউটৰ হিচাপে কৰ্মৰ পাতনি মেলিলে৷ আনুষ্ঠানিক শিক্ষাৰ অভাৱ হোৱা সত্ত্বেও, এম্পিয়েৰক ১৮০৯ চনত সেইখন শিক্ষানুষ্ঠানত গণিতৰ অধ্যাপক হিচাপে নিযুক্তি প্ৰদান কৰা হয়৷ তেওঁ ১৮২৮ চন পৰ্যন্ত সেইটো পদত কাৰ্যনিৰ্বাহ কৰি থাকে৷ তাৰে মাজত ১৮১৯ আৰু ১৮২০ চনত, তেখেতে পেৰিছ বিশ্ববিদ্যালয়তে দৰ্শন আৰু জ্যোতিৰ্বিজ্ঞানতো শিক্ষাদান কৰে৷ ১৮২৪ চনত তেওঁক "কলেজ ডি ফ্ৰান্স"ৰ পৰীক্ষামূলক পদাৰ্থ বিজ্ঞানৰ এক সন্মানীয় পদৰ বাবে নিৰ্বাচিত কৰা হয়৷ ১৮১৪ চনত এম্পিয়েৰক নতুনকৈ স্থাপিত হোৱা "ইনষ্টিটুট ইম্পিৰিয়েল" )ৰ গণিত শ্ৰেণীত যোগদান কৰিবলৈ আমন্ত্ৰিত কৰা হয়৷ এই শিক্ষানুষ্ঠানখনৰ ছত্ৰছায়াতেই পৰৱৰ্তী সময়ত সংশোধিত "ষ্টেট একাডেমী অৱ ছায়েন্সেছ" অধিষ্ঠিত হৈছিল৷ এম্পিয়েৰ একাধিক বিষয়ৰ বৈজ্ঞানিক অনুসন্ধানৰ লগতে জড়িত আছিল৷ গণিত, দৰ্শনৰ পৰা আৰম্ভ কৰি ৰসায়ন বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞানলৈকে বিভিন্ন বিষয়ৰ তেওঁ চৰ্চা কৰিছিল৷ সেইসময়ৰ শীৰ্ষস্থানীয় বুদ্ধিজীৱীসকলৰ বাবে এইয়া একধৰণৰ ৰীতিৰ দৰে আছিল৷ এম্পিয়েৰে কৈছে যে-"ওঠৰ বছৰতে তেওঁ জীৱনৰ তিনিটা সৰ্বোচ্চ বিন্দু বিচাৰি পালে৷ তেওঁৰ প্ৰথম আলাপ, এণ্টনিঅ' লিঅ'নাৰ্ড থ'মাছৰ অধ্যয়ন, আৰু (৷) পত্নীৰ মৃত্যুৰ দিনাখন তেওঁ ৰ পৰা দুটা স্তৱক লিখিছিল, আৰু এটা প্ৰাৰ্থনা জুৰিছিল ."(৷) বিদ্যুৎ-চুম্বকত্ব সম্পৰ্কীয় কৰ্ম ১৮২০ চনৰ ছেপ্টেম্বৰত, এম্পিয়েৰৰ বন্ধু তথা প্ৰশংসাকাৰী ফ্ৰাংকৱইছ আৰাগোৱে ফৰাচী ছায়েন্স একাডেমীক ডেনমাৰ্কৰ পদাৰ্থবিদ হেন্স খ্ৰীষ্টিয়ান অৰেষ্টেডৰ এটা বিস্ময়জনক আৱিষ্কাৰ দেখুৱায় যে, নিকটৱৰ্তী বৈদ্যুতিক প্ৰৱাহৰ ফলত চুম্বকীয় কাঁটাৰ বিক্ষেপণ হয়৷ ইয়াৰ পিছত এম্পিয়েৰে এটা গাণিতিক আৰু ভৌতিক তত্ত্ব প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে যাৰদ্বাৰা বিদ্যুৎ আৰু চুম্বকত্বৰ মাজত থকা সম্পৰ্কটো বুজাত সহায় হ'ব৷ অৰেষ্টেডৰ পৰীক্ষামূলক কাৰ্যসমূহক আগবঢ়াই নি এম্পিয়েৰে দেখুৱালে যে, বৈদ্যুতিক প্ৰৱাহ কঢ়িয়াই নিয়া দুডাল সমান্তৰাল তাঁৰে পৰস্পৰে পৰস্পৰক আকৰ্ষণ নাইবা বিকৰ্ষণ কৰে; আৰু এই ঘটনাটো বিদ্যুতৰ একমুখী বা বিপৰীতমুখী দিশৰ ওপৰত নিৰ্ভৰশীল৷ এই আৱিষ্কাৰেই বিদ্যুৎগতিবিদ্যাৰ মূল ভেটি হিচাপে প্ৰতিষ্ঠিত হয়৷ পৰীক্ষামূলক এই ফলাফলসমূহৰ ভৌতিক তত্ত্বক সাধাৰণীকৃত কৰিবলৈ এম্পিয়েৰে গণিতো প্ৰয়োগ কৰিলে৷ এই সমগ্ৰ নিৰীক্ষণৰ পৰা এম্পিয়েৰে প্ৰতিষ্ঠা কৰা মূল তত্ত্বটোক এম্পিয়েৰৰ সূত্ৰ বুলি কোৱা হয়৷ এই সূত্ৰৰ মতে, দুডাল বিদ্যুৎ-পৰিবাহী তাঁৰৰ পাৰস্পৰিক ক্ৰিয়া তাঁৰৰ দৈৰ্ঘ্য আৰু প্ৰৱাহৰ তীব্ৰতাৰ সমানুপাতিক৷ এম্পিয়েৰে একেটা সূত্ৰকে চুম্বকীয় ক্ষেত্ৰতো প্ৰয়োগ কৰিলে আৰু সেই সূত্ৰৰ লগত ফৰাচী পদাৰ্থ বিজ্ঞানী চাৰ্লছ আগাষ্টিন ডি কুলম্বই প্ৰতিষ্ঠা কৰা চুম্বকীয় ক্ৰিয়াৰ কুলম্ব সূত্ৰৰ সাদৃশ্যখিনি প্ৰমাণ কৰিলে৷ বিদ্যুৎ-চুম্বকীয় সম্পৰ্কটো অনুধাৱন কৰিবলৈ এম্পিয়েৰে এটা ভৌতিক ব্যাখ্যাও আগবঢ়াইছিল, ইয়াৰ বাবে তেওঁ "বিদ্যুৎগতীয় অণু"ৰ অস্তিত্বক তত্ত্বগত ৰূপ দিছিল৷ এইটোৱেই আছিল ইলেক্ট্ৰন ধাৰণাৰ অগ্ৰদূত, যিয়ে বিদ্যুৎ আৰু চুম্বকীয় দুয়োখন ক্ষেত্ৰতেই মূল উপাদান হিচাপে কাম কৰে৷ বিদ্যুৎগতিবিদ্যাৰ এই ভৌতিক ব্যাখ্যাৰ সহায়ত, এম্পিয়েৰে বিদ্যুৎচুম্বকীয় প্ৰপঞ্চটোৰ এক ভৌতিক বৰ্ণনা প্ৰদান কৰিলে-যাক বুজি পাব পৰাকৈ প্ৰদৰ্শনো কৰিব পাৰি আৰু গাণিতিকভাৱেও অনুমানযোগ্য কৰিব পাৰি৷ ১৮২৭ চনত তেওঁৰ মহৎ গ্ৰন্থখন প্ৰকাশ কৰে, যাৰ নাম আছিল )(৷) এই কৰ্মৰ জৰিয়তে তেওঁ বিজ্ঞানৰ এটা নতুন শাখাৰ পৰিভাষা তৈয়াৰ কৰিলে-"বিদ্যুৎগতিবিদ্যা" আৰু প্ৰতিষ্ঠিত গ্ৰন্থখনৰ জৰিয়তে তেওঁৰ খ্যাতি এইদৰেই পৰৱৰ্তী সময়তো থাকি গ'ল৷ ১৮২৭ চনত এম্পিয়েৰক ৰয়েল ছ'ছাইটিৰ বিদেশী সদস্য, আৰু ১৮২৮ চনত ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সেছৰ বিদেশী সদস্য হিচাপে নিৰ্বাচিত কৰা হয় সন্মান ৮-১০-১৮২৫: "ৰয়েল একাডেমী অৱ ছায়েন্স, লেটাৰ্ছ এণ্ড ফাইন আৰ্টছ্ অৱ বেলজিয়াম"ৰ সভ্য৷ স্বীকৃতি আধুনিক বিদ্যুৎ বিজ্ঞানৰ প্ৰতিষ্ঠালৈ আগবঢ়োৱা অৱদানৰ বাবে এম্পিয়েৰক ১৮৮১ চনত স্বাক্ষৰিত হোৱা "বৈদ্যুতিক আন্তৰ্জাতিক প্ৰদৰ্শনী" নামৰ আন্তৰ্জাতিক সন্মিলনীয়ে বিদ্যুৎ প্ৰৱাহৰ এককৰ বাবে "এম্পিয়েৰ" নামটো ব্যৱহাৰ কৰে৷ ইয়াৰ লগতে কুলম্ব, ভল্ট, ওম, ৱাট নামৰ একককেইটাও এম্পিয়েৰৰ সমসাময়িক চাৰ্লছ-আগাষ্টিন ডি কুলম্ব (ফ্ৰান্স), আলেছেন্দ্ৰো ভল্টা (ইটালী), গিয়ৰ্গ ছিমন ওম (জাৰ্মানী), আৰু জেমছ ৱাট (স্কটলেণ্ড)ৰ নামেৰে ৰখা হয়৷ বিশ্বখ্যাত আইফেল টাৱাৰত খোদিত হৈ থকা থকা ৭২টা নামৰ ভিতৰত এম্পিয়েৰৰ নামটোও আছে৷ ইয়াৰ লগতে বহুকেইটা পথ, স্কোৱেৰ, বিদ্যালয়, লিয়নৰ মেট্ৰো ষ্টেছন, চন্দ্ৰত থকা গিৰি-পৰ্বত আৰু নৰৱেৰ বৈদ্যুতিক ফেৰী আণ্ড্ৰে মেৰি এম্পিয়েৰৰ নামেৰে নামকৰণ কৰা হৈছে৷ লগতে চাওক আলেছেন্দ্ৰো ভল্টা হিপ্পোলাইট পিক্সি বাহ্যিক সংযোগ এম্পিয়েৰ আৰু বিদ্যুৎ শক্তিৰ ইতিহাস এম্পিয়েৰ সংগ্ৰাহালয় এম্পিয়েৰৰ বিষয়ে কেথোলিক এনছাইক্ল'পেডিয়া আণ্ড্ৰে মেৰি এম্পিয়েৰ: বিদ্যুৎচুম্বকত্বৰ প্ৰতিষ্ঠাতা নেপথ্যৰ তথ্য আৰু সম্পৰ্কীয় পৰীক্ষা বিদ্যুতৰ এককৰ ইতিহাস তথ্য সংগ্ৰহ বিজ্ঞানী পদাৰ্থ বিজ্ঞানী পদাৰ্থ বিজ্ঞান বৈদ্যুতিক শক্তি মৃত ব্যক্তি বিদ্যুৎ বৈদ্যুতিক ক্ষেত্ৰৰ লগত জড়িত
37086
https://as.wikipedia.org/wiki/%E0%A6%AB%E0%A7%81%E0%A6%B2%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A6%BF%20%E0%A6%A7%E0%A7%87%E0%A7%B1%E0%A6%BE
ফুলগুৰি ধেৱা
ফুলগুৰি ধেৱা অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ। বিদেশী ইংৰাজ চৰকাৰৰ শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথম বিদ্ৰোহ। ১৮৬১ চনত (১৮ অক্টোবৰ) এই বিদ্ৰোহ সংঘটিত হৈছিল নগাঁও জিলাৰ কলং নৈৰ পাৰৰ ফুলগুৰিত। ফুলগুৰি আছিল তিৱা জনবসতিপূৰ্ণ এখন গাঁও য'ত অত্যাধিক পৰিমাণৰ আফু খেতি কৰা হৈছিল ।এই বিদ্ৰোহ ফুলগুৰি ধেৱা নামেৰে খ্যাত। ইংৰাজ আৰু চিপাহীবোৰে তেতিয়া বিদ্ৰোহক ধাৱা বুলি অভিহিত কৰিছিল আৰু সেই ধাৱা অপভ্ৰংশ ৰূপত প্ৰচলিত হ’ল ধেৱা ৰূপে। উপযুক্ত নেতৃত্ব অবিহনেই জিলাখনৰ বিভিন্ন অঞ্চলৰপৰা কৃষকসকল স্বতঃস্ফূৰ্তভাৱে আহি সংঘটিত কৰা এই বিদ্ৰোহে অসমত কৃষক বিদ্ৰোহ, আন্দোলনৰ পাতনি মেলিছিল। ১৮৬১ চনত ব্ৰিটিছ চৰকাৰে আফু খেতি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত সমগ্ৰ তিৱা জাতিটোৰ লোকসকল অতিশয় অসন্তুষ্ট হৈ পৰে কিয়নো চৰকাৰী কানি প্ৰচলন বন্ধ কৰা নাছিল। তদুপৰি তামোল পাণৰ ওপৰতো কৰ লগাব বুলি বাতৰি প্ৰকাশ পাইছিল। বিদ্ৰোহৰ পূৰ্বৰ ঘটনাৱলী ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰৰ ধনৰ ভঁৰাল টনকিয়াল কৰাৰ প্ৰয়োজন হোৱাত ১৮৫০ চনৰ উইলচনৰ উপদেশমতে লগোৱা আয়কৰ অসমতো (নগাঁৱকে ধৰি) বলৱৎ কৰা হ’ল। সাধাৰণ কৃষকে কৰকাতলৰ হেঁচাত মূৰ দাঙিব নোৱাৰা অৱস্থাত ১৮৫৮ চনত গোচৰ আদিৰ সংখ্যা কম কৰাৰ অজুহাতত আদালতৰ নিষেধাজ্ঞা উলঙ্ঘন কৰি নগাঁৱতো ষ্টাম্প ডিউটী লগালে। কামৰূপ, দৰং আৰু নগাঁৱৰ সদৰত আবকাৰী কৰ লগালে। কৰ উঠাওঁতে কৰতকৈ অধিক খৰচ হ’ব বুলি জনজাতীয় এলেকা ইয়াৰপৰা বাদ পৰিল। নদী- বিলত মাছ মাৰিবলৈ নিৰ্দিষ্ট মহল কৰি সৰ্বোচ্চ ডাক দিয়াজনৰ লগতে বন্দোৱস্তী দি জলকৰ লোৱাৰ ব্যৱস্থা কৰিলে। কঠৰ ওপৰত গড়মাটি কৰ, ইকৰা খাগৰিৰ ওপৰত বনকৰ আৰু চৰণীয়া পথাৰৰ বাবে খুচাৰীকৰ ধাৰ্য কৰে। হাট- ঘাটত অধিক ডাকত বিক্ৰী কৰাৰ বাবে জমা স্থিৰ কৰে। ফলস্বৰূপে এনেয়ে ভাগি পৰা কৃষকৰ আৰ্থিক অৱস্থাত নতুন হেঁচা পৰে। বাৰী- চাপৰি মাটিত সৰহকৈ আফুখেতি কৰাত তাৰ ৰসেৰে কানি তৈয়াৰ কৰিবলৈ লোৱাত খাজনা সংগ্ৰহৰ পৰিমাণ কমিছে বুলি ১৮৫১- ৫২ত চৰকাৰে নিজে আবকাৰী কানি বেচা প্ৰথা অৱলম্বন কৰে। তেওঁলোকে ভাবিছিল মানুহে সৰহ পইচা দি কানি কিনিব লগা হ’লে কানি খোৱাটো কমাব। অভ্যস্ত কানিয়াই যিমানেই দাম হওক কানি কিনিব বুলি আৰু পইচাৰ বাবে চাহবাগানত কাম কৰিব বুলি চাহ খেতিয়কে ধৰি লৈছিল। কানিয়াক আবকাৰী কানিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হবলৈ ১৮৬১ চনত আফু খেতি কৰাটো বন্ধ কৰে। সৰহ দামত কানি কিনিব নোৱাৰি কৃষক, বিশেষকৈ জনজাতীয় এলেকাৰ মানুহ অতিকৈ বিতুষ্ট হয় (বেণুধৰ কলিতাই তেওঁৰ ফুলগুৰি ধেৱা নামৰ গ্ৰন্থখনত এনেদৰে লিখিছে- “ৰাইজে যেতিয়া দেখিলে যে জনসাধাৰণৰ উপকাৰৰ অৰ্থে চৰকাৰে কানি তুলিবলৈ ইচ্ছা কৰা নাই। কৰিছিল একমাত্ৰ কানি খেতি অসমীয়াৰ হাতৰপৰা নি চৰকাৰীভাৱে কৰি বেছি দামত বিক্ৰী কৰি সস্তীয়া দৰত বিলাতী চাহ বাগিচাত অসমীয়া কুলিৰ সৃষ্টি কৰাটোহে, তেতিয়া ৰাইজ অসন্তুস্ত হৈছিল। বিভিন্ন কৰত জুৰুলা নগঞা মানুহৰ মাজত প্ৰচাৰ হ’ল যে চৰকাৰে ঘৰ, বাৰী আৰু পামৰ খেতিৰ ওপৰতো কৰ লগাব খুজিছে। এনে সময়ত লাইচেঞ্চ টেক্স আৰোপ কৰাত চৰকাৰে অসত্য বুলি প্ৰচাৰ কৰাটো ৰাইজে ধৰি ল’লে পাণ তামোলৰ ওপৰতো কৰ লগাব। উত্তপ্ত ৰাইজে নতুন কৰ আৰু আফু খেতি বন্ধ কৰাৰ বিৰুদ্ধে ৰাইজ মেল পাতিলে। ১৮৬১ চনৰ চনৰ ছেপ্টেম্বৰৰ ৭ তাৰিখে এহেজাৰ কৃষকে কৰ বৃদ্ধিৰ ফলত হোৱা দুখ- দুৰ্গতিৰ কথা জনাবলৈ নগাঁও সদৰত উপস্থিত হ’ল। চি. চি. হাৰবাৰ্ট স্বনচৰ কক্ষত সোমাই গ’ল। তেওঁ আন কামত ব্যস্ত থকাত ৰাইজৰ সমস্যা সম্পৰ্কে শুনি বুজনি দিয়াৰ পৰিবৰ্তে উচ্ছৃঙ্খল অৱস্থাৰ সৃষ্টি কৰা বুলি মিছা অভিযোগত তেওঁলোকক জৰিমনা কৰাৰ লগতে থানাত আৱদ্ধ কৰে। কৃষক ৰাইজে ইংৰাজ চাহাবৰ অভদ্ৰাচৰণ আৰু দুব্যৱহাৰত বৰকৈ ক্ষুণ্ণ হয়। কোনোবা প্ৰভাৱশালী মানুহৰ হস্তক্ষেপত তেওঁলোকক গধূলালৈ মুকলি কৰি দিয়ে, তাত যেনিবা অন্য কোনো অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি হবলৈ নাপালে। পুনৰ ৯ অক্টোবৰৰ দিনা গাঁওবুঢ়া আৰু মুখিয়াল কৃষকে আফুখেতি বন্ধ কৰাৰ প্ৰতিবাদত আৰু বাৰী আৰু পাণৰ ওপৰত লগোৱা সাম্ভাৱ্য কৰৰ বিৰোধিতা কৰি নিয়মমতে প্ৰতিবাদ জনায়। কৃষকে তাৰ একো ফল নোপোৱাত তেওঁলোক পুনৰ কাছাৰীলৈ গৈ প্ৰতিবাদ কৰাৰ কথা বাদ দিয়ে। তেওঁলোকে কৰ পৰিশোধ নকৰাৰ সিদ্ধান্ত কৰে আৰু চৰকাৰৰ কাণত দুখ- দুৰ্গতিৰ কথা সুমুৱাবৰ নতুন উপায় চিন্তা কৰে। শেষত এই বিষয়ত আলোচনা কৰিবলৈ পোন্ধৰ অক্টোবৰৰ পৰা একেলেঠাৰীয়ে পাঁচদিন জুৰি মেল পাতিবলৈ আৰু প্ৰতিটো চুকে কোণে থকা মানুহ জাতে সভালৈ আহে আৰু তাৰ ব্যৱস্থা ল’বলৈ সিদ্ধান্ত কৰে। ডেপুটি কমিচনাৰে চোৰাংচোৱাৰ মুখে সকলো জানি ১৪ অক্টোবৰত এজন দাৰোগা পঠিয়াই সভাস্থলীত গোটখোৱা মানুহবোৰ আঁতৰাই পঠাবলৈ আৰু মুখিয়াল কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। পোন্ধৰ অক্টোবৰৰ দিনা পুলিচে মানুহবোৰক আঁতৰি যাবলৈ কোৱাত তেওঁলোকক অকনো গুৰুত্ব নিদি তেওঁলোকৰ হুকুম অমান্য কৰে কাৰণ তেওঁলোকে সমূহীয়া স্বাৰ্থৰ কথা আলোচনা কৰিবলৈহে তাত গোট খাইছে। সৰহীয়া মানুহৰ সভা, তাৰে কিছুমানে লাঠীলৈ সু- সজ্জিত হৈ থকাত পুলিচ আঁতৰি গৈ ডেপুটি কমিচনাৰক সকলো জনালেগৈ। ১৫ অক্টোবৰৰ শেষ নিশা নগাঁও থানাৰ দাৰোগা হলধৰ বৰুৱা এজন মহৰী, জামাদাৰ আৰু ১০টা বৰকান্দাজ লৈ ১৬ তাৰিখে পুৱা ফুলগুৰি পায়। জন সমুদ্ৰক আঁতৰাই পঠোৱাত বিফল হয়। সেই দিনাৰ সন্ধিয়া চাৰিটা বৰকান্দাজ আৰু পল্টনীয়া সেনা লৈ কীৰ্ত্তীকান্ত মহৰী ফুলগুৰি পায়। ১৭ তাৰিখে আগবেলা ১০ বজাত মানুহবোৰ আকৌ গোট খাবলৈ ধৰিলে। ২ বজাত প্ৰায় ৩,০০০- ৪,৫০০ মান মানুহ গোট খালে। তাৰে প্ৰায় ৫০০- ৬০০ মানুহৰ হাতত লাঠী আছিল। ১৮৬১ চনৰ ২৯ নবেম্বৰত হাবাৰ্ট স্কঞ্চে দাৰোগা হলধৰ বৰুৱাৰ প্ৰতিবেদন কমিচনাৰলৈ পঠিয়াইছিল। দাৰোগাই কেইজনমানক ধৰিছিল যদিও মানুহে সেইবিলাকক মুক্ত কৰি নিয়ে। লেফটেনেণ্ট স্কনচ চাহেবে ১৮ তাৰিখে নিজে ফুলগুৰিত থাকিব বুলি খবৰ দিয়ে। পিছত তেও নিজে নাহিল। বিদ্ৰোহৰ দিনা ১৮ অক্টোবৰৰ দিনা এচিষ্টেণ্ট কমিচনাৰ লেফটেণ্ট চিংগাৰ এটা টাটু ঘোৰাত উঠি জেইল ডাৰোগা আৰু এদল পুলিচৰ সৈতে ১০ বাজি ২ মিনিটত ফুলগুৰি ওলালহি। ২ বজাত লাঠি জাঠি লৈ বহুত মানুহ আহিছিল। তেওঁলোকে ধনুকাড়ো আনিছিল। ফুলগুৰি নামঘৰটোৰপৰা কেইশগজমান দূৰত থকা মানুহৰ জুমটোৰ ওচৰলৈ হৰনাথ বৰুৱা ডাৰোগা, জেইল দাৰোগা, মহৰী, ৪টা চিপাহী, যাঠীৰ সৈতে ১১টা বাৰাকান্দাজ সহ চিংগাৰ যায়। চিংগাৰে গৈ কলং নৈৰ পাৰৰ তিনিজোপা ডাঙৰ আঁহত গছৰ তলত আহল- বহল মুকলি ঠাইত তিনি জুমহৈ কমেও ৩,০০০ মানুহৰ সমাবেশ দেখা পায়। প্ৰায়বোৰ মানুহৰ মূৰ পাগুৰি আৰু হাত লাঠীৰে সু- সজ্জিত, কিছুমানৰ হাতত যাঠী আৰু ধনুকাঁড় আছে। কেইজনমান নেতাৰ লগত আলোচনা কৰি চিংগাৰে লাঠীবোৰ জমাদি ঘটনাস্থলীৰপৰা আঁতৰি যাবলৈ হুকুম কৰে। কিছুমানে তৎক্ষণাত হুকুম মান্য কৰিলে, বেছিভাগে কৰ্ণপাত নকৰিলে। কম বয়সীয়া অনভিজ্ঞ বিষয়াজনে জোৰকৈ প্ৰজাক নীৰস্ত কৰিবলৈ পুলিচক হুকুম কৰাৰ লগতে নিজেও গাৰ জোৰেৰে বিদ্ৰোহীসকলক নীৰস্ত্ৰ কৰিবলৈ লাগি যায়। সেই কথাত মানুহবোৰ খঙত জ্বলি উঠিল আৰু বহাৰ পৰা থিয় হ’ল। এটা বিৰাট হুলস্থূলীয়া পৰিবশৰ সৃষ্টি হ’ল। চাৰিওফালে ধৰধৰ মাৰমাৰ ধ্বনি হ’ল। চিংগাৰৰ হুকুমত দাৰোগাই ২ জন মানুহক বান্ধি আটক কৰিলে। এজনে আহি হঠাতে চিপাহী এজনক লাঠীৰে মাৰ মাৰি দিলে। পোনপ্ৰথমে মাৰটো সোধোৱা মানুহটো আছিল মৈৰাচিং। চিংগাৰে নিজেই মৈৰাচিং নামৰ লোকজনৰ লাঠীদাল জব্দ কৰিবলৈ টনা- আজোৰা কৰিলে আৰু লাঠীডাল কাঢ়ি আনিলে। দাৰোগাই গ্ৰেপ্তাৰ কৰা মানুহ দুজনে লগৰ মামুহবোৰক চিঞৰি চিঞৰি তেওঁলোকক অকলশৰীয়া কৰি এৰি থৈ যাবগৈ নেকি বুলি সুধিবলৈহে পালে, বচিগপুৰ মৌজাৰ (আচলতে হাতীগড় মৌজাৰ) বাহু কৈবৰ্ত্তই মূৰত মাৰ মাৰি একেকোবতে চিংগাৰক ধৰাশায়ী কৰিলে। ইয়াৰ লগতে আৰু তিনিজন চিপাহী নিহত হ’ল। ৰাইজৰ জুমৰ মাজলৈ চিপাহীয়ে গুলিয়ালে যদিও জংগী লোকসকলৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি চিপাহীবোৰ পলাই যাবলৈ বাধ্য হ’ল। হত্যা সক্ৰান্তত পুলিচ- মহৰীয়ে চিনাক্ত কৰা লোকসকল হ’ল ৰাহু কৈৱৰ্ত্ত, কাতি লালুং, থম্বা লালুং, জবালালুং কাটিয়া লালুং, মহিকোঁচ আৰু কলি ডেকা। (সদৰ থানাৰ দাৰোগা হলধৰ বৰুৱাৰ ১৮ অক্টোবৰ ১৮৬১ ৰ জৱানবন্দী, ফুলগুৰিত শিৱিৰ পাতি থাকোঁতে হাবাৰ্ট স্কঞ্চে ২৯ নবেম্বৰত কমিচনাৰলৈ পঠাইছিল। অনাদৰ মহৰীৰ জৱানবন্দীয়ে হৰনাথ বৰুৱাৰ জৱানবন্দী ডাঠকৈ সাৱ্যস্ত কৰিছে। চিংগাৰৰ শটো কলংনদীত উটুৱাই দিলে। তিনিজন চিপাহী হতাহত হ’ল। চিপাহী বিদ্ৰোহৰ আগৰেপৰা প্ৰশিক্ষণ লৈ থকা অথচ পিছত ঘৰা- ঘৰি যোৱা মেলত উপস্থিত থকা সৈন্যবোৰৰ কিছুমানে কলঙৰ দুয়োপাৰে সশস্ত্ৰে সদৰৰ খাৰঘৰ দখল কৰিবলৈ হৈচৈকৈ যাত্ৰা আৰম্ভ কৰে। এটা দলে ৰহা থানা দখল কৰি দাৰোগা গোলাপ সিঙকো আধামৰা কৰি কলঙত উটুৱাই দিয়ে। শেনচোৱাৰ আগত ডিমৌ বিলৰ কাষত চিংগাৰৰ সাহায্যে যোৱা চিপাহীৰ লগত এটা দলৰ মুখামুখি হয় আৰু খণ্ডযুদ্ধত ববৰা আটিৰ চোৱাৰৰ লালুং চিপাহীৰ গুলিৰ আঘাতত মৃত্যু হয়। কৰঙৰ দক্ষিণপাৰে যোৱা দলটোৰ ঘাঁহি গাঁৱৰ ওচৰত মুখামুখি হয়। সেই ঠাইত দুয়ো পক্ষৰ এঘাৰজন লোকৰ মৃত্যু হয়। (জাগীয়াল মৌজাৰ মৌজাদাৰ মৃত পদ্ম সিং ডেকা বি এল ডাঙৰীয়াৰ তেখেতৰ পিতৃয়ে ধেৱাৰ বিষয়ে লেখিত তথ্যৰপৰা)। এজন হাবিলদাৰৰ নেতৃত্বত এটা পুলিচবাহিনী ফুলগুৰিলৈ পঠায়। অসম লাইট ইনফেনট্ৰিৰ ২৫টা চিপাহীৰে ডেপুটী কমিচনাৰে ট্ৰেজাৰী লুট আৰু সদৰ জ্বলাই দিব বুলি হাবাৰ্ট স্কঞ্চে) কিবা কৰাত নিৰুপায় হৈ দৰঙৰ ডেপুটী কমিচনাৰ ডব্লিউ ফেয়াৰৰপৰা সিদিনাই সৈন্যবল বিচাৰি পঠালে। লক্ষ্ণৌ নামৰ জাহাজত গুৱাহাটীৰপৰা ডিব্ৰুগড় অভিমুখে আহি থকা তদানীন্তন কমিচনাৰ হেনৰী হপকিঞ্চৰ ১৯ অক্টোবৰৰ দিনা বেলি ডুবাৰ সময়ত তেজপুৰ পায়। লেঃ ফেয়াৰে সৈন্যবলৰ প্ৰয়োজনীয়তাৰ কথা জনায়। লক্ষ্ণৌ জাহাজৰ সহযাত্ৰী চেকেণ্ড আছাম ইনফেণ্টীৰ ভাৰপ্ৰাপ্ত কামাণ্ডাৰ মেজৰ কেম্পবেলক তেজপুৰৰপৰা ৫০ জন মান সৈন্য লৈ লাওখোৱা ঘাটেৰে নগাঁৱলৈ যাবলৈ ব্যৱস্থা কৰি দিয়ে আৰু হপকিঞ্চে নিজে গুৱাহাটীলৈ অধিক সৈন্যৰ বাবে যাত্ৰা কৰে। ২০ অক্টোবৰত কেম্পবেলৰ সৈন্যবাহিনী ফুলগুৰি পায়। কেপ্তেইন চেম্বেৰছে চেকেণ্ড আছাম লাইট ইনফেণ্ট্ৰীৰ প্ৰায় ৮০ জন সৈন্য লৈ ২০ তাৰিখে তেজপুৰ পায় আৰু ২৩ অক্টোবৰত তেওঁলোকৰ লগত নিজে আহি নগাঁও পায়হি। ১৯ অক্টোবৰত ফুলগুৰিত বিদ্ৰোহীয়ে ধনুকাড় যাঠী কঢ়িয়াই লৈ পুলিচৰ মুখামুখি হ’ল। ২০ অক্টোবৰত কেম্পবেলৰ সৈন্যবাহিনীৰ হাতত বহুতো বিদ্ৰোহীৰ মৃত্যু হ’ল, বহুতো চিৰকাললৈ ঘূণীয়া হ’ল। ২৩ অক্টোবৰৰ দিনা গুৱাহাটীৰপৰা অহা চেকেণ্ড আসাম লাইট ইনফেনট্ৰিৰে বলবান হৈ ডেপুটী কমিচনাৰ স্কনচে ফুলগুৰি, নেলি, কচুহাট, ৰহা আৰু অন্যান্য ঠাই ভ্ৰমণ কৰে। লালুং ৰজা সমূহৰ ল’ৰাহঁতক চিংগাৰৰ হত্যাত জড়িত কৰি তেওঁলোককে ধৰি ৪১ জন লোকক গ্ৰেপ্তাৰ কৰে।। ফুলগুৰিত সৈন্য শিবিৰ পাতি প্ৰজাৰ ওপৰত নানান অত্যাচাৰ কৰে। ৩৯ জন মানুহক নৃশংসভাৱে হত্যা কৰে। আঘাতপ্ৰাপ্ত ১৫ জন বিনা চিকিত্সাত মৃত্যু হয়। ইফালে আকৌ শবোৰ আতৰোৱাৰ কোনো ব্যৱস্থা নকৰাত শবোৰ গেলি পচি যোৱাতহে পৰিয়াল বৰ্গ পৰিয়াল নিবলৈ দিছিল। চিনাক্ত হ’লে অত্যাচাৰী ইংৰাজৰ হাতত গৃহস্থৰ অপকাৰ হবৰ আশংকা কৰি আত্মীয় স্বজনে শবোৰ লুকাই চুৰকৈ নি কলঙৰ দক্ষিণ পাৰৰ, ফুলগুৰিৰ পৰা এমাইল দূৰত হাবিৰ মাজত থকা বিলখনৰ কাষত সমূহীয়ৈকৈ সৎকাৰ কৰিছিল। আজিও সেই বিলখনৰ নাম মানুহ পোৰা বিল নামেৰে জনাজাত। (মৃত পদ্ম সিং ডেকা বি এলৰ ঘৰত পোৱা লেখিত তথ্য) ইয়াৰ পাছতো লাইট ইনফেনট্ৰিৰ চিপাহীয়ে ফুলগুৰিত ৬ মাহলৈ চাউনী পাতি অঞ্চলটোত পহৰী দিয়াৰ নামত নিদাৰুন অত্যাচাক চলাইছিল। তিৰুতা মানুহো সিহঁতৰ পাশৱিক অত্যাচাৰপৰা সাৰি যোৱা নাছিল। সিফালে বাৰাকান্দাজ চিপাহীবোৰৰ ভৰণ পোষণৰ বাবে ফুলগুৰি আৰু ৰহা অঞ্চলৰ মানুহক ৰচদ পাতিৰ যোগান ধৰিবলৈ বাধ্য কৰিছিল। ডেপুটী কমিচনাৰে বিনাজুৰিৰে বিচাৰ পাতি নগাঁও সদৰ জেলত (ব্ৰিটিছ চৰকাৰে) নামমাত্ৰ বিচাৰ পাতি অনাদৰ পুলিচ মহৰী আৰু হলধৰ বৰুৱাৰ জৱানবন্দী আৰু জেইল দাৰোগা, সদৰ থানাৰ কেৰাণী- জমাদাৰ (হলধৰ বৰুৱাৰ লগত অহা), কীৰ্তিনাথ মহৰী আদিৰ জৱানবন্দীৰ ওপৰত ভিত্তি কৰি কটহগুৰী গাঁৱৰ লক্ষণ চিং ডেকা, টোপাকুচিৰ ৰংবৰ ডেকা, ঔগুৰিৰ চাংবৰ লালুঙক নগাঁও জেইলতে ফাঁচি দিয়ে। তদুপৰি ৰুপচিং লালুং, চিবচিং লালুং, নৰচিং লালুং,কটহগুৰিৰ হেবেৰা লালুং, দেউৱালিৰ বাহু কৈবৰ্ত্ত আৰু বনমালী কৈবৰ্ত্ত এই ৬ জনক যাৱজ্জীৱন- জীপান্তকৰী কৰি কলিয়া- পানীলৈ পঠালে। এই হুকুমৰ বিৰূদ্ধে কলিকতাৰ সদৰজজৰ আদালতত আপিল হৈছিল। কাটিং লালুং, অম্বালালুং, জব লালুং, কটীয়া লালুংমহিকোচ আৰু কলী ডেকা প্ৰভৃতি ৩১ জন মানুহক ১ বছৰৰপৰা ১০ বছৰ পৰ্য্যন্ত সশ্ৰম কাৰাদণ্ড বিহা হয়। পূৰ্ব উল্লিখিত পাঁচো ৰজা আৰু সাতো ৰজা সকলৰ সকলো চৰকাৰী পদ আৰু সুবিধা ৰহিত কৰে। ৰহীয়াল বৰুৱা, জাগীয়াল গোঁসাই প্ৰভৃতি সভ্ৰান্ত লোক সকলক কাছাৰীলৈ আনি লটি ঘটি কৰে। কেইবাজনো মৌজাদাৰৰ মৌজা কাঢ়ি লয় আৰু কেবাজনো চাকৰিয়ালক কামৰপৰা অব্যাহতি দিয়ে। (মৃত পদ্ম সিং ডেকাৰ ঘৰত পোৱা লিখিত তথ্য)। বিচাৰৰ লগতে ছমাহ ধৰি ফুলগুৰিত চাউনী পাতি থকা চিপাহীবোৰৰ অমানুষিক অত্যাচাৰ উৎপীড়ণত বিদ্ৰোহৰ জুইকুৰা একেবাৰে নিৰ্বাপিত কৰি পেলালে। ঐতিহ্য পিয়লি ফুকন, মণিৰাম দেৱানৰ কৰুণ স্মৃতিক লৈ গোৱা গীতবোৰৰ দৰে ফুলগুৰি ধেৱাৰ বেদনাদায়ক স্মৃতিক লৈয়ো অঞ্চলটোৰ মানুহৰ মুখে মুখে কিছুমান গীত প্ৰচলিত হৈছিল। যেনে- অ’ আইটী/ অ’ আইটী তিনিজোপা আহতৰ তলতে, অ’ আইটী ধেৱাখন লাগিলে......। ৰূপচিং- চিৰচিং- বাহু- বনমালী... তথ্য সংগ্ৰহ অসমৰ কৃষক
54597
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%B2%E0%A6%BE
কলা
দৃশ্যমান বা অদৃশ্য কোনো ভাবৰ ৰূপ শিল্পীৰ চিত্তৰসৰে নৱৰূপায়িত হৈ যেতিয়া স্থিতিশীল ৰূপত প্ৰকাশিত হয় তাকেই কলা বা শিল্প বোলে। এই কলা মানৱ ক্ৰিয়া-কলাপৰ বৈচিত্ৰপূৰ্ণ এক দৃশ্যৰ প্ৰকাশ আৰু এনেধৰণৰ প্ৰকাশৰ ফলত প্ৰাপ্ত পণ্য বা উৎপাদন। দৃশ্যমান বা বোধ্য এনে শিল্পকলাৰ অজস্ৰ ৰূপ বিদ্যমান। চিত্ৰকলা, ভাস্কৰ্য, স্থাপত্য, ছাপচিত্ৰ, আলোকচিত্ৰ ইত্যাদিত দৃশ্য মাধ্যম ক্ষেত্ৰত সৃষ্ট চিত্ৰ বা বস্তু সম্পৰ্কীয় আলোকপাত কৰা হয়। সাধাৰণ দৃশ্যমান জগতত আমি অভিজ্ঞতা কৰা বিনন্দীয়া প্ৰকৃতিক শিল্প বা কলা হিচাপে অভিহিত কৰা নহয়। এই প্ৰকৃতিৰ সৌন্দৰ্য অৱলোকন কৰি মানৱ মন বিস্মিত আৰু বিমূঢ় হৈ স্থিতিশীল ৰূপ দিবলৈ শিল্প সৃষ্টি কৰে। প্ৰকৃতিৰ নৈসৰ্গিক সৌন্দৰ্যৰ ধাৰাবাহিকতাৰ স্বাভাৱিক ৰূপত প্ৰকাশ কৰাৰ মাধ্যমতে কলাৰ সৃষ্টি হয়। অৰ্থাৎ কলাৰ তিনিটা মূল শাখা হ’ল চিত্ৰকলা, ভাস্কৰ্য আৰু স্থাপত্য। সংগীত, থিয়েটাৰ, চলচ্চিত্ৰ,নৃত্য ইত্যাদি পৰিৱেশ্য কলা আৰু সাহিত্য আৰু অন্যান্য গণসংযোগৰ মাধ্যমকো বহল দৃষ্টিত কলা অভিহিত কৰা হয়। সপ্তদশ শতাব্দী পৰ্যন্ত যিকোনো বিষয়ৰ ওপৰত দক্ষতাকেই শিল্প শিল্প বোলা হৈছিল। সপ্তদশ শতিকাৰ পিছত চাৰুকলাক সাধাৰণ বিষয়সমূহৰ পৰা বিভক্ত কৰা হয়। ৰোমাণ্টিক যুগৰ পিছত ইয়াক আৰু কিছুমান ভাগত ভাগ কৰা হয়। সেইবোৰ হ'ল: চাৰুকলা, কাৰুকলা, ললিতকলা, ইত্যাদি। শিল্পৰ সৃষ্টিকৰ্তা গৰাকীক শিল্পী বোলে। শিল্পীসকল ৰূপ-বিলাসী আৰু তেওঁৰ সৃষ্ট ৰূপেই হ’ল শিল্প। শিল্পৰ চৰিত্ৰ সত্য, অনুভূতি আৰু অন্যান্য গুণক উপস্থাপন কৰা। শিল্পৰ বিশ্বজনীন আৱেগ আছে। শিল্পীয়ে মানুহৰ মনত আৱেগৰ জোৱাৰ তোলে। শিল্প সদায় নতুন সেয়ে চিত্ৰকলা, কবিতা, সংগীত, ভাস্কৰ্য, আৰু স্থাপত্যক সুকুমাৰ কলা বুলিও কোৱা হয়। শিল্পৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ই দৰ্শকক মাত্ৰা প্ৰদান কৰে। কলা কিহৰে গঠিত হয় এই বিষয় এতিয়াও বিবাদীত। সময়ে সময়ে কলা সম্পৰ্কীয় ধাৰণা সলনি হৈ আহিছে। কলাৰ প্ৰকৃতি আৰু ইয়াৰ লগত সম্পৰ্কিত অন্যান্য বিষয় যেনে সৃজনশীলতা আৰু প্ৰকাশভংগীৰ বিষয়ে অধ্যয়ন কৰা দৰ্শনৰ শাখাক নন্দনতত্ত্ব বোলা হয়। ইতিহাস কলা শব্দৰ প্ৰথম উল্লেখ ভৰতমুনিৰ "নাট্যশাস্ত্ৰ"ত পোৱা যায়। ইয়াৰ লগতে বাৎসায়ন আৰু উশনসৰ গ্ৰন্থ ক্ৰমে "কামসূত্ৰ" আৰু "শুক্ৰনীতি"তো কলাৰ বৰ্ণনা পোৱা গৈছে। সেইদৰে জৈন গ্ৰন্থ "প্ৰবন্ধকোষ", "কলাবিলাস", "ললিতবিস্তৰ" ইত্যাদি ভাৰতীয় গ্ৰন্থ সমূহত কলাৰ উল্লেখ পোৱা যায়। বেছিভাগ গ্ৰন্থত কলাৰ সংখ্যা ৬৪ বুলি উল্লেখ আছে। "প্ৰবন্ধকোষ"ত ৭২টা কলাৰ বিষয়ে আৰু "ললিতবিস্তৰ"ত ৮৬টা কলাৰ বিষয়ে উল্লেখ আছে। প্ৰসিদ্ধ কাশ্মিৰী পণ্ডিত ধৰ্মেন্দ্ৰৰ দ্বাৰা বিৰচিত "কলাবিলাস"ত আটাইতকৈ বেছি সংখ্যক কলাৰ বিষয়ে উল্লেখ আছে। ইয়াত ৬৪টা জনউপযোগী, ৩২টা ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ সম্বন্ধীয়, ৩২টা মাৎসৰ্জ-শীল-প্ৰভাৱমান সম্বন্ধীয়, ৬৪টা স্বচ্ছকাৰিতা সম্বন্ধীয়, ৬৪টা বেশ্যা সম্বন্ধীয়, ১০টা ভেষজ, ১৬টা কায়স্থ আৰু ১০০টা সাৰ কলাৰ চৰ্চা আছে। সকলোতকৈ বেছি প্ৰমাণিক সূচী "কামসূত্ৰ"ৰ আছে। ইউৰোপীয় সাহিত্যত কলা শব্দৰ প্ৰয়োগ শাৰীৰিক বা মানসিক কৌশলৰ বৰ্ণনাৰ বাবে ব্যৱহৃত হৈছিল। পাশ্চাত্যত কলা আৰু প্ৰকৃতিক ভিন্ন বুলি গণ্য কৰা হয়। কলাৰ সৃষ্টিক কৃত্ৰিম বোলা হয়। প্ৰকৃতিসৃষ্ট আৰু কলা দুয়ো বেলেগ বেলেগ আৰু কলা কেৱল মানুহেই সৃষ্টি কৰে। কলা আৰু বিজ্ঞানৰ মাজতো পাৰ্থক্য আছে। বিজ্ঞানত জ্ঞানত আৰু কলাত কৌশলক প্ৰাধান্য দিয়া হয়। শ্ৰেণীবিভাজন বৰ্তমান সময়ত কলাক মানৱিকীৰ অন্তৰ্ভুক্ত কৰা হয়। পাশ্চাত্য জগতত কলাক দুই ভাগত ভাগ কৰা হৈছে: অনুশীলন কলা আৰু ললিত কলা। পৰম্পৰাগত ৰূপত তলত উল্লিখিত সাত বিধক কলা বোলে; স্থাপত্য ভাস্কৰ্য চিত্ৰকলা সংগীত কবিতা নৃত্য থিয়েটাৰ আধুনিক কালত ইয়াৰ লগত ফটোগ্ৰাফী, চলচ্চিত্ৰণ, বিজ্ঞাপন আৰু কমিক্স যোগ দিয়া হৈছে। ইয়াৰ লগতে কলাক নিম্নলিখিত প্ৰকাৰটো শ্ৰেণীবিভাজন কৰা হয়; সাহিত্য কবিতা, উপন্যাস, লঘুকথা, মহাকাব্য ইত্যাদি পৰিৱেশ্য কলা সংগীত, নৃত্য, থিয়েটাৰ ইত্যাদি পাক কলা বেকিং, চকলেটিং, সুৰা প্ৰস্তুতকৰণ ইত্যাদি মিডিয়া কলা ফটোগ্ৰাফী, চিত্ৰ্যনাট্য, বিজ্ঞাপন ইত্যাদি দৃশ্যমান কলা চিত্ৰকলা, স্থাপত্য, ভাস্কৰ্য ইত্যাদি কিছুমান কলাত দৃশ্যমান আৰু পৰিৱেশ্য কলা দুয়োবিধৰ মিশ্ৰণ দেখা যায়, যেনে চলচ্চিত্ৰণ, নাটক ইত্যাদি। তথ্য
28965
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A7%B0%E0%A7%81%E0%A6%A3%E0%A6%BE%E0%A6%9A%E0%A6%B2%20%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0%20%E0%A6%9C%E0%A6%A8%E0%A6%97%E0%A7%8B%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A7%80%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9
অৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহ
অৰুণাচল প্ৰদেশত প্ৰায় ২০ টা মুখ্য জনগোষ্ঠী আছে। এই সমূহৰ ভিতৰত বহুতো উপ-জনগোষ্ঠী আছে। জনগোষ্ঠী সমূহৰ মাজত সামাজিক আৰু সংস্কৃতিৰ বিভিন্নতা দেখা যায়। জনগোষ্ঠী সমূহৰ নিজস্ব কিছুমান পৰম্পৰা আছে। অৰুণাচলৰ জনগোষ্ঠী সমূহৰ মাজত শিল্পনৈপুণ্য কাৰিকৰী দেখিবলৈ পোৱা যায়। চিত্ৰকলা, মৃৎ-শিল্প দাৰু-শিল্প আৰু বাঁহ-বেতৰ কামত জনগোষ্ঠীয় কলা দেখা পোৱা যায়। কিছুমান জনগোষ্ঠীৰ লোকে বয়ন-শিল্প আৰু দাৰু-শিল্প জীৱিকা হিচাবে গ্ৰহণ কৰে। তেওঁলোকৰ আন এটা বৈশিষ্ট্য হৈছে জনগোষ্ঠী সমূহৰ মাজত থকা একতা। জনগোষ্ঠী আদি আপাতানি বুগুন হ্ৰোছ’ ছিংফ’(জনগোষ্ঠী) খাম্বা আৰু মেম্বা মিচিমি ম’নপা (জনগোষ্ঠী) নিচি (জনগোষ্ঠী) ছেৰ্ডুকপেন তাগিন খামতি (জনগোষ্ঠী) ৱানছ’ (জনগোষ্ঠী) ন’ক্তে য়’বিন আদি আদি জনগোষ্ঠীৰ লোকসকলৰ দুটা বিভাগ আছে: ব’গোম আৰু ব’মি এইসকলৰ মাজতো বহুতো উপ-জনগোষ্ঠী আছে। লোকসকল হৈছে আদি জনগোষ্ঠীৰ এটা অংশ। আনহাতে গাল’ঙ আৰু অন্য সাতটা গোট লগ লাগি আদি জনগোষ্ঠীৰ আনটো অংশ গঠন হৈছে। এই জনগোষ্ঠীৰ লোকসকল সাধাৰণতে গণতান্ত্ৰিক প্ৰকৃতিৰ লোক আৰু তেওঁলোকৰ কেবাং নামৰ এখন গাওঁ পৰিষদ থাকে। আদি লোকসকলৰ পৰম্পৰাগত নৃত্য হৈছে প’নুঙ এই নৃত্য সমগ্ৰ অৰুণাচলতে পৰিচিত। তেওঁলোকৰ গাঁওসমূহ সাধাৰণতে পাহাৰৰ ওচৰত অৱস্থিত। পুৰুষসকলে কেইবাগৰাকী তিৰোতা বিয়া কৰা দেখা যায়। কিন্তু একেসময়তে বহু বিবাহ কৰোঁতাৰ কথা জনা নাযায়। আদি জনগোষ্ঠীৰ মহিলাসকল নিপুণ শিপিনী আৰু তেওঁলোকে শিল্পীসুলভ বস্ত্ৰ বয়। আপাতানি আপাতানি জনগোষ্ঠীৰ লোকসকল সাধাৰণতে নামনি সোৱণশিৰি জিলাৰ সদৰ জিৰ’ৰ আশে-পাশে বসবাস কৰে। তেওঁলোক সাধাৰণতে কৃষিজীৱি। বৃদ্ধ লোকসকলে মূৰত খোপা বান্ধে আৰু মুখমণ্ডলত বেজীৰে খুচি চিত্ৰ আঁকি লয়। আনহাতে বৃদ্ধাসকলে নাকত ঘূৰণীয়া আকৃতিৰ ঠিলা লগায় আৰু মুখমণ্ডলত বেজীৰে খুচি চিত্ৰ আঁকি লয়। দশকৰ প্ৰথম ভাগৰ পৰাই আজিৰ প্ৰজন্মৰ ১৯৭০ আপাতানি লোকসকলে এইবোৰ কৰিবলৈ বাদ দিয়ে। তেওঁলোক লোকসকল ভাল খেতিয়ক। ধান খেতিৰ লগতে মাছ পোহাটো তেওঁলোকৰ মাজত অতিকৈ জনপ্ৰিয়। অৰুণাচল প্ৰদেশৰ আন জনগোষ্ঠীৰ লোকসকলৰ দৰে আপাতানি লোকসকলৰো আৰ্থিক অৱস্থা সুস্থিৰ হোৱা দেখা যায়। বুগুন বুগুন অথবা খৌৱা জনগোষ্ঠী )ৰ লোকসকল সাধাৰণতে নম্ৰ, অতিথিপৰায়ণ আৰু স্নেহ-প্ৰীতি থকা লোক। তেওঁলোকে সাধাৰণতে কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। এই জনগোষ্ঠীৰ লোকসকলে উন্নতিৰ হকে বহুতো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰে। হ্ৰোছ’ হ্ৰোছ’ জনগোষ্ঠী অথবা আকা জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ মুখমণ্ডলত কলা ৰঙেৰে অংকন কৰে। বিশ্বাস কৰা হয় যে, তেওঁলোকৰ আহোম ৰাজ্যৰ লগত সু-সম্পৰ্ক আছিল। তেওঁলোক বিশেষকৈ বেপাৰৰৰ লগত জড়িত। তাৰ ভিতৰত আছিল কাপোৰ, ব্লেংকেট, তৰোৱাল ইত্যাদি। তেওঁলোক বৌদ্ধ আৰু হিন্দু দুয়োটা ধৰ্মতে বিশ্বাস কৰে। ছিংফ’ ছিংফ’ জনগোষ্ঠীৰ লোকসকল বাৰ্মাৰ কাছিন জনগোষ্ঠীৰ এক অংশ। তেওঁলোক টেঙাপানী আৰু ন’আ দেহাঙ নদীৰ পাৰত বসবাস কৰে। তেওঁলোক কৃষিজীৱি আৰু দক্ষ কমাৰ। ইয়াৰ উপৰিও তিৰোতাসকল সুনিপুণ শিপিনী। তেওঁলোক সাধাৰণতে বৌদ্ধ ধৰ্মাৱলম্বী লোক। লগতে তেওঁলোকে আত্মাৰ ওপৰত বিশ্বাস ৰাখে। খাম্বা আৰু মেম্বা খাম্বা আৰু মেম্বা জনগোষ্ঠীৰ লোকসকল পশ্চিম ছিয়াঙ জিলাৰ উত্তৰ ভাগত বাস কৰে। একেসময়তে বহু বিবাহ কৰা তেওঁলোকৰ মাজত প্ৰায়ে দেখা যায়। মেম্বাসকলৰ মাজত এইয়া বেছিকৈ প্ৰচলিত। তেওঁলোকৰ প্ৰধান জীৱিকা হৈছে কৃষি। গোমধান আৰু তেওঁলোকৰ প্ৰধান খাদ্য। তেওঁলোকে কপাহ আৰু যৱ )ৰো খেতি কৰে। মিচিমি মিচিমি জনগোষ্ঠীৰ লোকসকল লোহিত, উজনি দিবাং উপত্যকা আৰু নামনি দিবাং উপত্যকাত বাস কৰে। এই জনগোষ্ঠীৰ তিনিটা ভাগ আছে: ইদু অথবা চুলিকতা ডিগাৰু অথবা তাৰ’ন আৰু মিজু অথবা কমন ইদু মিচিমিৰ এটা ভাগক বেবেজীয়া মিচিমি বুলিও কোৱা হয়। মিচিমি জনগোষ্ঠীৰ মহিলা সকল নিপুণ শিপিনী। তেওঁলোক সাধাৰণতে কৃষিজীৱি যদিও বেপাৰ-বাণিজ্যৰ লগতো জড়িত। পূৰ্বৰে পৰা মিচিমি জনগোষ্ঠীৰ অসমৰ লগত সু-সম্পৰ্ক আছে। বেপাৰ কৰা সামগ্ৰী সমূহৰ ভিতৰত আছিল: বনৰীয়া ঔষধীয় গছ, জন্তুৰ ছাল, মিচিমি-তিতা ইত্যাদি। ম’নপা ম’নপা জনগোষ্ঠীৰ লোকসকল সাধাৰণ, শান্ত আৰু ভদ্ৰ প্ৰকৃতিৰ লোক। তেওঁলোকৰ সাজ-পোছাকসমূহত শিল্পীসুলভ চানেকি পোৱা যায়। তেওঁলোকৰ সাম্প্ৰদায়িক জীৱন চহকী আৰু সুখী। তেওঁলোকে মহামায়া বৌদ্ধ ধৰ্ম মানি চলে। প্ৰত্যক ঘৰতে এটা উপাসনা গৃহ সংলগ্ন হৈ থাকে। নিচি নিচি জনগোষ্ঠী হৈছে অৰুণাচল প্ৰদেশৰ আটাইতকৈ ডাঙৰ জনগোষ্ঠী। তেওঁলোক নামনি সোৱণশিৰি জিলাৰ অধিকাংশ অঞ্চলত বাস কৰে। পুৰুষসকলে চুলি দীঘলকৈ ৰাখে আৰু কপালৰ ওপৰত এটা গাঁথি দি থয়। কঁকালৰ চাৰিওফালে বেতৰ ফিটা )ৰে বান্ধি থয়। তেওলোকে বিশ্বাস কৰে যে, মৃত্যুৰ পাছত মানুহৰ আত্মা পূৰ্বপুৰুষৰ গাঁও )লৈ গুচি যায়। চুলুঙ অথবা পুৰৈক সকল হৈছে অঞ্চলটোৰ নিচি জনগোষ্ঠীৰ আটাইতকৈ পুৰণি লোক। তেওঁলোকৰ সাজ-পোছাক তেনেই সাধাৰণ আৰু তেওঁলোকৰ ধৰ্ম আদিম আত্মা সংস্কৃতি )ৰ কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে। খামতি বিশ্বাস কৰা হয় যে, বাৰ্মাৰ ছান ৰাজ্যৰ পৰা খামতি জনগোষ্ঠীৰ লোকসকল প্ৰব্ৰজিত হৈ আহিছে। খাময়াং জনগোষ্ঠী হৈছে খামতি জনগোষ্ঠীৰ অন্তৰ্গত। খামতি জনগোষ্ঠী হৈছে অৰুণাচলৰ প্ৰদেশৰ এনে এটা জনগোষ্ঠী যাৰ নিজা লিপি আছে। তেওঁলোক বৌদ্ধ ধৰ্মাৱলম্বী (হিনায়ানা পদ্ধতি, লোক। তেওঁলোকে মৃতদেহসমূ্হ শৱাধাৰ )ত পোতে। ৱানছ’ ৱানছ’ জনগোষ্ঠীৰ লোকসকল নাগালেণ্ড সীমান্তত অৱস্থিত টিৰাপ জিলাৰ পশ্চিম ভাগত বাস কৰে। তেওঁলোক ৰঙিয়াল আৰু কঠোৰ পৰিশ্ৰমী লোক। পূৰ্বতে শিৰশ্চেদ কৰা তেওঁলোকৰ পৰম্পৰা আছিল। এইয়া ৱানছ’ জনগোষ্ঠীসকলৰ নানান সামাজিক কামৰ লগত জড়িত আছিল। তেওঁলোকৰ সমাজ খনক চাৰিটা ভাগত ভাগ কৰা হৈছে: ৱাংঘাম মুখিয়াল), ৱাংপানা ৱাংগাৱে আৰু ৱাংগা তেওঁলোকৰ সমাজৰ আইন-কানুন যথেষ্ট কঠোৰ আছিল। এখন গাঁও পৰিষদ )ৰ দ্বাৰা সমাজখন পৰিচালনা কৰা হৈছিল। সমগ্ৰ জনগোষ্ঠীটো গাঁৱখনৰ প্ৰায় ৪০টা সংঘ )ত ভাগ কৰা হৈছিল। গাৰ ছালত বেজীৰে খুচি চিত্ৰ অঁকা তেওঁলোকৰ সামাজিক ৰীতি আছিল। তেওঁলোকে দুজন শক্তিশালী দেৱ-দেৱী আছে বুলি বিশ্বাস কৰে: ৰঙ আৰু বাওৰাঙ ৱানছ’ জনগোষ্ঠীৰ মহিলাসকল নিপুণ শিপিনী যদিও শিল্পীসুলভ সামগ্ৰীসমূহ ব্যৱহাৰ মুখিয়ালৰ পৰিয়ালৰ মাজতে সীমিত আছিল। তেওঁলোক দাৰু-শিল্পটো দক্ষ। ন’ক্তে ন’ক্তে জনগোষ্ঠীৰ লোকসকল টিৰাপ জিলাৰ মাজ ভাগত, ৱানছ’ সকলৰ পূবত বসবাস কৰে। তেওঁলোকৰ সমাজখন দুজন শক্তিশালী মুখিয়াল: নামচাঙ আৰু বৰদুৰীয়া )ৰ দ্বাৰা সুচাৰুৰূপে পৰিচালিত। তেওঁলোকে বৈষ্ণৱ ধৰ্ম মানি চলে আৰু অসমৰ নাজিৰাৰ বাৰেঘৰ সত্ৰৰ শিষ্য আছিল। বাৰেঘৰ সত্ৰৰ প্ৰতিষ্ঠাতা-সত্ৰাধিকাৰ শ্ৰী ৰাম দেৱ আতাৰ ঘনিষ্ঠ বন্ধু নগা নৰোত্তম তেওঁৰ প্ৰথম শিষ্য আছিল। ন’ক্তে জনগোষ্ঠীৰ লোকসকল মূলতঃ নিমখ উৎপাদনৰ বাবে পৰিচিত আছিল। নিমখেই তেওঁলোকৰ বেপাৰ আৰু বিনিময় )ৰ মুখ্য সামগ্ৰী আছিল। তেওঁলোকে কৃষিৰ ওপৰত নিৰ্ভৰ কৰিছিল। ইয়াৰ উপৰিও তেওঁলোকে ব্যৱসায়ৰ বাবে পাণ উৎপাদন কৰিছিল। তাগিন তাগিন জনগোষ্ঠীৰ লোকসকল উজনি সোৱণশিৰি জিলাত বসবাস কৰে। তেওঁলোক সাধাৰণতে কৃষিজীৱি। পুৰুষসকলে কেইবাগৰাকী তিৰোতা বিয়া কৰা দেখা যায়। তেওঁলোকৰ সাজ-পোছাক তেনেই সাধাৰণ। মাত্ৰ এখন কাপোৰৰ দ্বাৰাই শৰীৰটো আৱৰি ৰাখে। য়’বিন য়’বিন জনগোষ্ঠীৰ লোকসকলক লিছু বুলিও জনা যায়। এই লোকসকল টিৰাপ জিলাৰ পূব প্ৰান্তত বসবাস কৰে। তেওঁলোক শান্ত আৰু সাধাৰণ প্ৰকৃতিৰ লোক। তেওঁলোকৰ নিজা সংস্কৃতি, ধৰ্ম আৰু উপভাষা আছে। ছেৰ্ডুকপেন ছেৰ্ডুকপেন হৈছে এটা সৰু জনগোষ্ঠী। তেওঁলোক ভাল খেতিয়ক যদিও বেপাৰ-বাণিজ্যত বেছি গুৰুত্ব দিয়ে। তেওঁলোক সাধাৰণতে মহামায়া বৌদ্ধ ধৰ্ম আৰু জনগোষ্ঠীয় ত বিশ্বাস কৰে। চিত্ৰ ভঁৰাল লগতে চাওক অৰুণাচল প্ৰদেশৰ উৎসৱসমূহ তথ্য সূত্ৰ বাহ্যিক সংযোগ অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশৰ