id
stringlengths
4
5
url
stringlengths
34
558
title
stringlengths
2
62
text
stringlengths
3.52k
77k
34898
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%A8%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%AE%E2%80%99%E0%A6%B9
বনৰীয়া ম’হ
বনৰীয়া ম'হ বৈজ্ঞানিক নাম: )এটা ডাঙৰ আকাৰৰ ম'হৰ প্ৰজাতি। ই সমগ্ৰ দক্ষিণ-পূব এছিয়াত স্থানীয় প্ৰজাতি। আই.ইউ.চি. এনৰ ৰঙা তালিকাত এই প্ৰাণীবিধক সংকটগ্ৰস্ত )বুলি স্বীকৃতি দিয়া হৈছে। বৰ্তমান ইয়াৰ জনসংখ্যা ৪,০০০ তকৈও কম বুলি ধাৰণা কৰা হৈছে। সমগ্ৰ বিশ্বত ইয়াৰ প্ৰায় ৩,৪০০টা প্ৰাণী জীয়াই আছেগৈ। তাৰে ৩,১০০ (৯১%) ভাৰতবৰ্ষত বিশেষকৈ অসমত আছে। দৈহিক গঠন বনৰীয়া ম'হ পোহনীয়া ম'হতকৈ আকাৰত ডাঙৰ আৰু ইয়াৰ ওজনো অধিক। ইহঁতৰ ওজন সাধাৰণতে ৭০০-১২০০ কিলোগ্ৰাম হয়। মূৰৰ পৰা দেহৰ দৈৰ্ঘ্য প্ৰায় ২৪০-৩০০ ছে:মি: আৰু নেজৰ দৈৰ্ঘ্য ৬০-১০০ ছে:মি: হয়। মতা আৰু মাইকী উভয়ৰে শিং থাকে। বনৰীয়া ম'হৰ ছালৰ বৰণ গাঢ় মুগা বা ক'লা হয়। ইয়াৰ কপালত এটা সৰু চুলিৰ কোঁচা থকা দেখা যায়। ইয়াৰ কাণ দুখণ তুলনামূলকভাৱে সৰু। ইয়াৰ নেজৰ আগটোত একোঁচা চুলি থাকে। টেক্স'নমি কেৰলাছ লিনিয়াছে পোণপ্ৰথমে ১৭৫৮ চনত হিচাপে পোহনীয়া ম'হৰ বৈজ্ঞানিক নামকৰণ কৰে। ১৭৯২ চনত ৰবাৰ্ট কেৰ এ বনৰীয়া ম'হক আখ্যা দিয়ে। বাসস্থান আৰু বিস্তৃতি বনৰীয়া ম'হ প্ৰধানকৈ ভাৰত, নেপাল, বাংলাদেশ, ভূটান, থাইলেণ্ড আৰু কম্বোডিয়াত দেখিবলৈ পোৱা যায়। এই প্ৰাণীবিধ পাকিস্তান, বাংলাদেশ, লাওছ আৰু ভিয়েটনামৰ পৰা ইতিমধ্যে বিলুপ্ত হৈছে বুলি জনা গৈছে। এই প্ৰাণীবিধে প্ৰধানকৈ পানীপূৰ্ণ ঘাঁহনি, বিল আৰু নৈৰ উপত্যকা অঞ্চলত দেখা যায়। ভাৰতবৰ্ষত বনৰীয়া ম'হ প্ৰধানকৈ অসমৰ বিভিন্ন সংৰক্ষিত বনাঞ্চল যেনে কাজিৰঙা, মানস, ডিব্ৰু ছৈখোৱা, লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য আদিত বিস্তৃত হৈ আছে। তদুপৰি অৰুণাচল প্ৰদেশৰ তো ইয়াক দেখা যায়। ইয়াৰ বাহিৰে পশ্চিমবংগৰ বাক্সা ব্যাঘ্ৰ্য প্ৰকল্প, মেঘালয়ৰ বালপাকৰাম ৰাষ্ট্ৰীয় উদ্যান আদিতো বনৰীয়া ম'হ সৰু সৰু গোটত বিস্তৃত হৈ আছে। নব্বৈ শতিকাৰ প্ৰধমভাগত অসম আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহতো প্ৰায় ৩,৩০০-৩,৫০০ মান বনৰীয়া ম'হ আছিল বুলি জনা যায়। কিন্তু বিভিন্ন কাৰণত এই জনসংখ্যা হ্ৰাস পাই ১৯৯৭ চনত কেৱল ১,৫০০ হৈ পৰে। নেপালত কেৱল ত বনৰীয়া ম'হ দেখা যায়। ১৯৭৬ চনত ইয়াৰ জনসংখ্যা ৬৩ টাৰ পৰা ২০০৯ চনত ২১৯ টালৈ বৃদ্ধি পালে। ভূটানৰ ৰয়েল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে সৰু সৰু গোটত বনৰীয়া ম'হ দেখিবলৈ পোৱা যায়। ই প্ৰকৃততে অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে একেটা বৃহৎ গোটৰ অংশ। ম্যানমাৰৰ তো কিছুসংখ্যক বনৰীয়া ম'হ দেখা যায়। থাইলেণ্ডত, ৪০ টাতকৈ সৰু সৰু গোটত কিছু বনৰীয়া ম'হ বিস্তৃত হৈ আছে। ত প্ৰায় ২৫-৩০টা মান বনৰীয়া ম'হৰ গোট এটা থকাৰ তথ্য পোৱা গৈছে। কিন্তু যোৱা ১৫ বছৰ মান ধৰি এই গোটটোত বনৰীয়া ম'হৰ সংখ্যা বৃদ্ধি পোৱা নাই। তেনেদৰে কম্বোডিয়াতো আৰু ত কেইডজনমান বনৰীয়া ম'হ বিস্তৃত হৈ আছে। আচৰণ বনৰীয়া ম'হ দিন আৰু ৰাতি সমানে সক্ৰিয় হৈ থাকে। পূৰ্ণবয়স্ক মাইকী ম'হ আৰু পোৱালিয়ে মিলি ৩০টা পৰ্যন্ত প্ৰাণীৰ স্থায়ী গোট গঠন কৰে। এনে গোট একোটাই প্ৰায় ১৭০-১০০০ হেক্টৰ পৰ্যন্ত এলেকা অধিকাৰ কৰি ৰাখে। এনে গোটসমূহ সাধাৰণতে পূৰ্ণবয়স্ক ম'হে নেতৃত্ব দিয়ে। এনে কেইবাটাও সৰু গোট লগ হৈ একোটা বৃহৎ দল গঠন হয়। এনে দলত ৩০-৫০০ টামান বনৰীয়া ম'হ থাকে। পূৰ্ণবয়স্ক মতা ম'হে গঠন কৰে নাইবা অকলশৰীয়াকৈ থাকে। বনৰীবা ম'হে ঋতু অনুযায়ী প্ৰজনন কৰে। সাধাৰণতে অক্টোবৰৰ পৰা নৱেম্বৰ পৰ্যন্ত ইহঁত প্ৰজননত লিপ্ত হয়। অৱশ্যে কিছু কিছু অঞ্চলত ই বছৰ জুৰি প্ৰজনন কৰাৰো তথ্য পোৱা যায়। মাইকী বনৰীয়া ম'হে ১০-১১ মাহ গৰ্ভধাৰণ কৰাৰ পিছত একোটাকৈ পোৱালিৰ জন্ম দিয়ে। মতা ম'হে ১৮ মাহত আৰু মাইকী ম'হে তিনিবছৰৰ বয়সত প্ৰজননৰ বাবে উপযুক্ত হৈ উঠে। বনৰীয়া ম'হৰ এতিয়ালৈকে জানিব পৰা মতে সৰ্বাধিক আয়ুসকাল হ'ল ২৫ বছৰ। বনৰীয়া ম'হে সাধাৰণতে উদ্ভিদ খাই জীয়াই থাকে। ই খেতি পথাৰত বিশেষকৈ ধান, কুঁহিয়াৰ, মৰাপাট আদিও খায়। স্থিতি শেহতীয়াকৈ বনৰীয়া ম'হৰ প্ৰায় ৫০% পৰ্যন্ত জনসংখ্যা হ্ৰাস পাইছে। এই প্ৰাণীবিধে সন্মুখীন হোৱা প্ৰধান সমস্যাবোৰ হৈছে- -বনাঞ্চলৰ আশে পেশে থকা পোহনীয়া ম'হৰ সৈতে অন্ত:প্ৰজনন; থাইলেণ্ড, কম্বোডিয়া, ম্যানমাৰ আদিত চোৰংচিকাৰ; খেতিপথাৰলৈ পৰিৱৰ্ত্তন হোৱাৰ ফলত আৰু অন্যান্য কাৰণত হোৱা বনাঞ্চল ধ্বংস; জলাহ-ভূমিৰ বিনষ্টিকৰণ; পোহনীয়া ম'হৰ পৰা সোঁচৰা বিভিন্ন ৰোগ; পোহনীয়া ম'হৰ সৈতে খাদ্যৰ বাবে হোৱা আন্ত; প্ৰজাতি প্ৰতিযোগিতা। সংৰক্ষণ ক ইতিমধ্যে ৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু ভূটান, ভাৰত, নেপাল আৰু থাইলেণ্ডত আইনী সংৰক্ষণ প্ৰদান কৰা হৈছে। তথ্যসূত্ৰ বাহ্যিক সংযোগ 2006: 2006: তৃণভোজী প্ৰাণী স্তন্যপায়ী
81841
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%AE%20%E0%A6%AE%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%9C%E0%A6%BE%E0%A6%96%E0%A6%BE%E0%A6%A8%E0%A7%80
মাৰিয়াম মিৰ্জাখানী
মাৰিয়াম মিৰ্জাখানী (ফাৰ্চী: উচ্চাৰণ ১২ মে' ১৯৭৭ ১৪ জুলাই ২০১৭) এগৰাকী ইৰাণী গণিতজ্ঞ আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক আছিল। তেওঁৰ গৱেষণা ক্ষেত্ৰসমূহৰ ভিতৰত আছিল- টেইচমুলাৰ তত্ত্ব, হাইপাৰবলিক জ্যামিতি, এৰগ'ডিক তত্ত্ব আৰু চিমপ্লেক্টিক জ্যামিতি। ২০০৫ চনত মিৰ্জাখানীয়ে তেওঁৰ গৱেষণাৰ বাবে পপুলাৰ চায়েন্সৰ চতুৰ্থ বাৰ্ষিক "ব্ৰিলিয়েণ্ট ১০"ত সন্মানিত হৈছিল, য'ত তেওঁ নিজৰ ক্ষেত্ৰখনক উদ্ভাৱনীমূলক দিশত ঠেলি দিয়া শীৰ্ষ ১০ গৰাকী যুৱক-যুৱতীৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি লাভ কৰিছিল। ২০১৪ চনৰ ১৩ আগষ্টত মিৰ্জাখানীক গণিতৰ আটাইতকৈ সন্মানীয় বঁটাসমূহৰ অন্যতম, ফিল্ডছ মেডেলেৰে সন্মানিত কৰা হৈছিল। এই বঁটাৰে সন্মানিত হোৱা তেওঁ প্ৰথমগৰাকী ইৰাণী লোক, আৰু এতিয়ালৈকে মাত্ৰ দুগৰাকী মহিলাৰ ভিতৰত প্ৰথমগৰাকী। বঁটাপ্ৰদান সমিতিয়ে তেওঁ ক্ষেত্ৰত কৰা গৱেষণাকৰ্মৰ কথা উল্লেখ কৰিছিল। ২০১৭ চনৰ ১৪ জুলাইত ৪০ বছৰ বয়সত স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মিৰ্জাখানীৰ মৃত্যু হয়। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ১৯৭৭ চনৰ ১২ মে'ত ইৰাণৰ তেহৰাণত মিৰ্জাখানীৰ জন্ম হৈছিল। শিশু অৱস্থাত তেওঁ নেচনেল অৰ্গেনাইজেচন ফৰ ডেভেলপমেণ্ট অৱ এক্সেপচনেল টেলেণ্টছ )ৰ অংশ 'তেহৰাণ ফাৰজানেগান স্কুল'ত পঢ়িছিল। তেওঁ হাইস্কুলৰ নিম্ন আৰু উচ্চ বৰ্ষত ইৰাণৰ ৰাষ্ট্ৰীয় অলিম্পিয়াডত গণিত বিষয়ত সোণৰ পদক লাভ কৰিছিল, যাৰ ফলত তেওঁ ৰাষ্ট্ৰীয় মহাবিদ্যালয় প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা অব্যাহতি পাইছিল। ১৯৯৪ চনত মিৰ্জাখানীয়ে হংকঙত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় গাণিতিক অলিম্পিয়াডত ৪২ পইণ্টৰ ভিতৰত ৪১ পইণ্ট লাভ কৰি সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ইৰাণী মহিলা হিচাপে পৰিগণিত হয়। পিছৰ বছৰ টৰন্টোত তেওঁ সম্পূৰ্ণ স্ক'ৰ লাভ কৰা আৰু আন্তঃৰাষ্ট্ৰীয় গাণিতিক অলিম্পিয়াডত দুটা সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ইৰাণী হিচাপে পৰিগণিত হয়। জীৱনৰ পিছৰ কালছোৱাত তেওঁ বন্ধু, সহকৰ্মী আৰু অলিম্পিয়াডৰ ৰূপৰ পদক বিজয়ী ৰয়া বেহেষ্টি জাভাৰেহ (ফাৰ্চী: )ৰ সৈতে সহযোগিতা কৰি 'এলিমেণ্টৰী নাম্বাৰ থিয়ৰী, চেলেঞ্জিং প্ৰব্লেমছ্' নামৰ কিতাপখন প্ৰস্তুত কৰিছিল, যিখন ১৯৯৯ চনত প্ৰকাশ পাইছিল। মিৰ্জাখানী আৰু জাভাৰেহ ইৰাণৰ ৰাষ্ট্ৰীয় গাণিতিক অলিম্পিয়াডত অংশগ্ৰহণ কৰা প্ৰথম মহিলা আছিল, আৰু ১৯৯৫ চনত দুয়ো যথাক্ৰমে স্বৰ্ণ আৰু ৰূপৰ পদক লাভ কৰিছিল। ১৯৯৮ চনৰ ১৭ মাৰ্চত প্ৰতিভাৱান আৰু প্ৰাক্তন অলিম্পিয়াড প্ৰতিযোগীসকলেৰে গঠিত এখন সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছত মিৰ্জাখানী আৰু জাভাৰেহে উপস্থিত আন লোকসকলৰ সৈতে আহৱাজৰ পৰা তেহৰাণলৈ এখন বাছেৰে যাত্ৰা কৰিছিল। যাত্ৰাপথত বাছখন এক দুৰ্ঘটনাত পতিত হৈছিল। বাছখন থিয় গৰা এটাৰ পৰা বাগৰি পৰিছিল, যাৰ ফলত ৭ গৰাকী যাত্ৰীৰ মৃত্যু হৈছিল। তেওঁলোক আটাইকেইজন শ্বাৰীফ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আছিল। ইৰাণত এই ঘটনাক বহুলভাৱে ৰাষ্ট্ৰীয় ট্ৰেজেডী বুলি গণ্য কৰা হয়। দুৰ্ঘটনাটোৰ পৰা বাচি যোৱা অতি কমসংখ্যক জীৱিত লোকৰ ভিতৰত মিৰ্জাখানী আৰু জাভাৰেহো অন্যতম আছিল। ১৯৯৯ চনত মিৰ্জাখানীয়ে শ্বাৰীফ প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ পৰা গণিত শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। তাত থকা সময়ছোৱাত তেওঁ শ্বুৰৰ এটা উপপাদ্যৰ এটা সৰল প্ৰমাণ উলিওৱা বাবে আমেৰিকান মেথেমেটিকেল ছ'চাইটিৰ পৰা স্বীকৃতি লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ স্নাতকোত্তৰ শিক্ষাৰ বাবে আমেৰিকালৈ যায়। তেওঁ ২০০৪ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি লাভ কৰে, য'ত তেওঁ ফিল্ডছ মেডেল বিজয়ী গণিতজ্ঞ কাৰ্টিছ টি মেকমুলেনৰ তত্বাৱধানত কাম কৰে। হাৰ্ভাৰ্ডত তেওঁক "দৃঢ়তা আৰু অবিৰাম প্ৰশ্ন সোধা গুণৰ বাবে পৰিচিত" বুলি কোৱা হয়। শ্ৰেণীত তেওঁ নিজৰ মাতৃভাষা পাৰ্চীত টোকা লৈছিল। ব্যক্তিগত জীৱন ২০০৮ চনত মিৰ্জাখানীয়ে চেক তাত্ত্বিক কম্পিউটাৰ বিজ্ঞানী আৰু ব্যৱহাৰিক গণিতজ্ঞ জেন ভণ্ড্ৰাকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁ বৰ্তমান ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক। তেওঁলোকৰ এগৰাকী কন্যা সন্তান আছিল। মিৰ্জাখানীয়ে কেলিফৰ্ণিয়াৰ পালো আল্ট'ত বাস কৰিছিল। মিৰ্জাখানীয়ে নিজকে এগৰাকী "ধীৰ" গণিতজ্ঞ বুলি বৰ্ণনা কৰি কয় যে "গণিতৰ সৌন্দৰ্য্য চাবলৈ কিছু শক্তি আৰু কষ্ট ব্যয় কৰিব লাগিব।" সমস্যা সমাধানৰ বাবে মিৰ্জাখানীয়ে কাগজৰ শ্বীটত ডুডল আঁকিছিল আৰু অংকনবোৰৰ চাৰিওফালে গাণিতিক সূত্ৰ লিখিছিল। তেওঁৰ ছোৱালীয়ে মাকৰ কামক "চিত্ৰকলা" বুলি বৰ্ণনা কৰিছিল। তেওঁ ঘোষণা কৰিছিল: বঁটা আৰু সন্মান স্বৰ্ণ পদক, আন্তৰ্জাতিক গাণিতিক অলিম্পিয়াড (হংকং ১৯৯৪) স্বৰ্ণ পদক, আন্তৰ্জাতিক গাণিতিক অলিম্পিয়াড (কানাডা ১৯৯৫) আই পি এম ফেল'শ্বিপ, তেহৰাণ, ইৰাণ, ১৯৯৫–১৯৯৯ মেৰিট ফেল'শ্বিপ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়, ২০০৩ হাৰ্ভাৰ্ড জুনিয়ৰ ফেল'শ্বিপ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়, ২০০৩ ক্লে মেথমেটিকেল ইনষ্টিটিউট ৰিচাৰ্ছ্ ফেলো, ২০০৪ এ এম এছ ব্লুমেন্থাল বঁটা, ২০০৯ ২০১০ চনত আন্তৰ্জাতিক গণিতজ্ঞ সন্মিলনত "ট'প'লজি এণ্ড ডাইনামিকেল চিষ্টেমছ এণ্ড অ'ডিই" বিষয়ত বক্তৃতা দিবলৈ আমন্ত্ৰণ লাভ। গণিতত ২০১৩ চনৰ এ এম এছ ৰুথ লিটল চেটাৰ বঁটা। "আমেৰিকান গণিত সমিতিৰ দ্বাৰা প্ৰতি দুবছৰৰ মূৰে মূৰে প্ৰদান কৰা এই ছেটাৰ বঁটাটোৱে পূৰ্বৰ ছয় বছৰত এগৰাকী মহিলাই গণিতৰ গৱেষণাত কৰা এক অসাধাৰণ অৱদানক স্বীকৃতি দিয়ে। ২০১৩ চনৰ ১০ জানুৱাৰীত ছান ডিয়েগোত অনুষ্ঠিত হোৱা যৌথ গণিত সভাত এই বঁটা প্ৰদান কৰা হয়।" চাইমনছ্ ইনভেষ্টিগেটৰ বঁটা ২০১৩ ২০১৪ চনৰ নেচাৰ আলোচনীয়ে নিৰ্বাচন কৰা দহগৰাকী "গুৰুত্বপূৰ্ণ ব্যক্তি"ৰ ভিতৰত এগৰাকী। ক্লে' ৰিচাৰ্ছ্ এৱাৰ্ড ২০১৪ ফিল্ডছ্ মেডেল ২০১৪ ২০১৫ চনত ফৰাচী বিজ্ঞান একাডেমীৰ বিদেশী সহযোগী নিৰ্বাচিত। ২০১৫ চনত আমেৰিকান ফিল'চফিকেল ছ'চাইটিলৈ নিৰ্বাচিত। নেচনেল একাডেমী অৱ চাইন্স ২০১৬ ২০১৭ চনত আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড চাইন্সেছলৈ নিৰ্বাচিত। "৩২১৩৫৭ মিৰ্জাখানী" গ্ৰহাণুটোৰ নাম তেওঁৰ স্মৃতিত ৰখা হৈছিল। আনুষ্ঠানিক নামকৰণৰ উদ্ধৃতিটো মাইনাৰ্ছ প্লেনেট চেণ্টাৰে (এমপিচি ১০৮৬৯৮) প্ৰকাশ কৰিছিল। তথ্যসূত্ৰ গণিতজ্ঞ ফিল্ডছ্ মেডেল বিজয়ী গণিতজ্ঞ মৃত
66453
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%AE%E0%A6%B2%E0%A6%A4%E0%A6%BE%20%E0%A6%85%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%B1%E0%A6%BE%E0%A6%B2
প্ৰেমলতা অগ্ৰৱাল
প্ৰেমলতা অগ্ৰৱাল জন্ম: ১৯৬৩) এগৰাকী ভাৰতীয় পৰ্বতাৰোহী। তেওঁ বিশ্বৰ সাত মহাদেশৰ প্ৰত্যেকৰে সৰ্বোচ্চ পৰ্বত শৃংগ বা উচ্চতম স্থান আৰোহণ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা। ২০১৩ চনত তেওঁক ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। ২০১৭ চনত পৰ্বতাৰোহণৰ ক্ষেত্ৰলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা প্ৰদান কৰা হয়। ২০১১ চনৰ ২০ মে তাৰিখে তেওঁ বিশ্বৰ সৰ্বোচ্চ পৰ্বত শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰে আৰু ৪৮ বছৰ বয়সত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰবীণতম ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। ২০১৮ চনৰ ১৯ মে তাৰিখে জম্মু আৰু কাশ্মীৰ ৫৩ বছৰ বয়সীয়া সংগীতা সিন্ধী বহলে তেওঁৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰবীণতম ভাৰতীয় মহিলাৰ অভিলেখ ভংগ কৰে। তেওঁ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ঝাৰখণ্ড ৰাজ্যৰ প্ৰথম গৰাকী ব্যক্তি। ২০০৪ চনত তেওঁ নেপালৰ আইলেণ্ড পিক (২০,৬০০ ফুট) নামৰ শৃংগৰ আৰোহণৰ অভিযানত অংশগ্ৰহণ কৰিছিল। ২০০৬ চনত তেওঁ কাৰাকোৰাম গিৰিপথ (১৮,৩০০ ফুট) আৰু মাউণ্ট শালতোৰো কাংৰি (২০১৫০ ফুট) অভিযানতো অংশগ্ৰহণ কৰিছিল। ২০০৭ আৰু আকৌ ২০১৫ চনত তেওঁ প্ৰথম ভাৰতীয় মহিলাৰ থৰ মৰুভূমি অভিযানত অংশগ্ৰহণ কৰিছিল। এই অভিযানত তেওঁলোক গুজৰাটৰ ভূজৰ পৰা ৪০ দিনৰ উট চাফাৰিৰে পঞ্জাবৰ ৱাঘা সীমান্তত উপস্থিত হৈছিল। তেওঁৰ এই কৃতিত্ব লিমকা বুক অফ ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰাৰম্ভিক জীৱন ১৯৬৩ চনত পশ্চিম বংগৰ দাৰ্জিলিংত প্ৰেমলতা অগ্ৰৱালৰ জন্ম হৈছিল। জামছেদপুৰত পৰ্বত আৰোহণ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ ৩৬ বছৰ বয়সত পৰ্বতাৰোহণ আৰম্ভ কৰিছিল। সোনকালেই তেওঁ পৰ্বত আৰোহণৰ প্ৰতি তেওঁৰ আবেগক আৱিষ্কাৰ কৰে। পৰৱৰ্তী সময়ত তেওঁক ১৯৮৪ চনত মাউণ্ট এভৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা বাচেন্দ্ৰী পালৰ ওচৰত প্ৰশিক্ষণ আৰু পৰামৰ্শ লাভ কৰিছিল। তেওঁ বৰ্তমান টাটা ষ্টীলৰ সৈতে তেওঁলোকৰ দুঃসাহসিক শাখাত বিষয়া হিচাপে কাম কৰে। মাউণ্ট এভাৰেষ্ট আৰোহণ তেওঁ ২২ জনীয়া ইকো-এভাৰেষ্ট অভিযান দলৰ সদস্য আছিল। ভাৰতীয় দলটোত সুনীতা সিং, নৰেন্দৰ সিং, পৱন গ্ৰেৱাল, সুষমা আৰু বিকাশ কৌশিক, লগতে ব্ৰাজিলৰ পৰ্বতাৰোহী ৰডৰিগো ৰাইনেৰী আৰু মেক্সিকোৰ ডেভিড লিয়ানো অন্তৰ্ভুক্ত আছিল। তেওঁ এমাহধৰি এভাৰেষ্ট বেচ কেম্পৰ চাৰিওফালে আৰোহণ কৰি অনুকূলিত হ'বলৈ অতিবাহিত কৰিছিল আৰু হিমালয়ৰ ২০,৩০০ ফুট উচ্চতাৰ আইলেণ্ড পিকত আৰোহণৰ অনুশীলন কৰিছিল। তেওঁ ৬ মে তাৰিখে মুখ্য আৰোহণ আৰম্ভ কৰিছিল। তেওঁ এভৰেষ্ট বেচ শিবিৰৰ পৰা ১৮,০০০ ফুটত আৰোহণ কৰি ২২,০০০ ফুটত কেম্প ২ লৈ গৈছিল। অৱশ্যে তাৰ পিছত তেওঁ পৰিপূৰক অক্সিজেন ব্যৱহাৰ কৰিছিল আৰু ২৩,০০০ ফুটত কেম্প ৩ আৰু ২৬,০০০ ফুটত কেম্প ৪ত উপস্থিত হৈছিল। দাৱা ষ্টিভেন শ্বেৰ্পাৰ নেতৃত্বত বহুজাতিক ট্ৰেকিং দলটোৱে শিখৰৰ শীৰ্ষত উঠিবলৈ গোটেই ৰাতি ট্ৰেক লৈছিল। তেওঁলোকে নেপালৰ ফালৰ পৰা দক্ষিণ কল পথৰ পৰা নিশা ১১ বজাত আৰম্ভ কৰিছিল আৰু ২০ মে ২০১১ তাৰিখৰ পোৱা ৯.৩৫ বজাত এভাৰেষ্ট শৃংগ স্পৰ্শ কৰিছিল। ইয়াত উপনীত হোৱাৰ এঘণ্টা আগতে তেওঁ এটা হাতমোজা হেৰুৱাইছিল আৰু হাতমোজা নোহোৱাকৈ এনে উচ্চতাত উঠাটো সম্ভৱ নোহোৱা বাবে ঘূৰি যোৱাৰ সিদ্ধান্ত লৈছিল। ঠিক তেতিয়াই তেওঁ দেখিলে যে এযোৰ হাতমোজা বৰফৰ ওপৰত পৰি আছে যি হয়তো কাৰোবাৰ দ্বাৰা এৰি যোৱা আছিল। বিশ্বৰ সাত মহাদেশৰ প্ৰত্যেকৰে সৰ্বোচ্চ পৰ্বত শৃংগ আৰোহণৰ তথ্য ব্যক্তিগত জীৱন তেওঁ পশ্চিম বংগৰ দাৰ্জিলিংৰ অধিবাসী। তেওঁৰ দেউতাক ৰামাৱতাৰ গাৰ্গ এজন ব্যৱসায়ী। বৰ্তমান তেওঁ টাটা ষ্টীলৰ বিষয়া হিচাপে কাম কৰি আছে আৰু ঝাৰখণ্ড ৰাজ্যৰ পূব সিংভূম জিলাৰ জামছেদপুৰৰ জুগছালাই চহৰত বাস কৰে। তেওঁ এজন জ্যেষ্ঠ সাংবাদিক বিমল অগ্ৰৱালৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুগৰাকী কন্যা আছে আৰু তাৰে ভিতৰত এগৰাকী বিবাহিত। বঁটা আৰু সন্মান প্ৰেমলতা অগ্ৰৱালক ২০১২ চনত ইণ্ডিয়া চৰ দ্বাৰা শীৰ্ষ ভাৰতীয় মহিলা প্ৰাপ্তকাৰী হিচাপে নামাংকিত কৰা হৈছে। ২০১৩ চনত তেওঁক ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। ২০১৭ চনত পৰ্বতাৰোহণৰ ক্ষেত্ৰলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা প্ৰদান কৰা হয়। তেওঁক শেহতীয়াকৈ টাটা নিমখৰ দ্বাৰা ভাৰতৰ তীখাৰ দৰে শক্তিশালী মহিলাসকলক অভিশংসা কৰা এটা ভিডিঅ'ত প্ৰদৰ্শিত কৰা হৈছিল। তথ্য উৎস বাহ্যিক সংযোগ ভাৰতৰ ব্যক্তি জীৱিত ব্যক্তি ভাৰতীয় পৰ্বতাৰোহী পদ্মশ্ৰী বঁটা
26891
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%81%E0%A6%B6%E0%A7%80%E0%A6%B2%20%E0%A6%95%E0%A7%81%E0%A6%AE%E0%A6%BE%E0%A7%B0
সুশীল কুমাৰ
সুশীল কুমাৰ জন্ম: ২৬ মে’, ১৯৮৩) এজন ভাৰতীয় মল্লযোদ্ধা। ২০১০ চনৰ ৱ’ৰ্ল্ড চেম্পিয়নস্বিপৰ ৬৬ কেজিৰ ফ্ৰি ষ্টাইল শাখাত স্বৰ্ণ আৰু ২০১২ চনৰ লণ্ডন অলিম্পিকত ৰূপ আৰু ২০০৮ চনৰ বেইজিং অলিম্পিকত ব্ৰঞ্জৰ পদক পাই ক্ৰমাগতভাৱে দুখন অলিম্পিকত পদক পোৱা সুশীল কুমাৰ একমাত্ৰ ভাৰতীয়। ২০১২ চনৰ অলিম্পিকৰ চূড়ান্ত খেলত কুমাৰক জাপানৰ তাতচুহিৰ’ য়’নেমিটচুৱে পৰাস্ত কৰে। বেইজিং অলিম্পিকত তেওঁ কাজাখাস্তানৰ লিঅ’নিড স্পিৰিড’ন’ভ হৰুৱাই ব্ৰঞ্জ পদক দখল কৰিছিল। ১৯৫২ চনৰ হেলচিংকি অলিম্পিকত কে. দি. যাদৱে অৰ্জন কৰা মল্লযুদ্ধৰ ব্ৰঞ্জৰ পদকটিৰ পছত বেইজিঙৰ পদকটো আছিল মল্লযুদ্ধত ভাৰতৰ দ্বিতীয় অলিম্পিক পদক। ২০০৯ চনৰ জুলাই মাহত তেওঁ ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰে। ২০১০ চন ৩ অক্টোবৰত কমনৱেলথ খেলৰ কুইনচ বেটন ৰীলেত শেষৰজন বেটন বাহক হিচাপে সুশীল কুমাৰে ৰাজকুমাৰ চাৰ্লছক কুইনচ বেটন অৰ্পণ কৰিছিল। জীৱনী দক্ষিণ পশ্ছিম দিল্লীৰ নজফগড়ৰ ওচৰৰ বাপৰ’লা নামৰ গাঁৱৰ এটা জাত পৰিয়ালত সুশীলৰ জন্ম। সুশীলৰ দেউতাক দীৱান সিং এজন বাছ ড্ৰাইভাৰ আৰু মাক কমলা দেৱী এগৰাকী গৃহিণী। সুশীলক মল্লযুদ্ধৰ বাবে সম্পৰ্কীয় ককায়েক সন্দীপ আৰু দেউতাকে উৎসাহিত কৰিছিল, দেউতাক দীৱান সিং নিজেও এজন মল্লযোদ্ধা (পেহেলৱান) আছিল। সন্দীপে মল্লযুদ্ধ বাদ দিছিল কিয়নো পৰিয়ালটোৱে এজনতকৈ অধিক ব্যক্তিক ইয়াৰ বাবে সুবিধা পদান কৰিবলৈ অসমৰ্থ আছিল। ১৪ বছৰ বয়সৰ পৰা ছত্ৰাচল ষ্টেডিয়ামৰ অখাৰা(মল্লযুদ্ধৰ পাঠশালা)ত কুমাৰে মল্লযুদ্ধৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। মল্লযুদ্ধৰ বাবে অতি কম পুঁজি আৰু পুৰণি প্ৰশিক্ষণ পদ্ধতিৰে ২০০৮ চনৰ অলিম্পিকৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত প্ৰস্তুতিৰ বাবে লগা সুষম আহাৰ কুমাৰক নিজৰ পৰিয়ালেই গাখীৰ, ঘিঁউ, শাক পাচলি যোগানেৰে পূৰণ কৰিব লগা হৈছিল। সুশীল এজন নিৰামিষভোজী। বৰ্তমান তেওঁ ভাৰতীয় ৰেলৱেৰ এজন সহকাৰী বাণিজ্যিক মেনেজাৰ। ২০২১ চনৰ ৪ মে'ত ছত্ৰচল ষ্টেডিয়ামত হোৱা কাজিয়াত প্ৰাক্তন কনিষ্ঠ ৰাষ্ট্ৰীয় কুস্তি চেম্পিয়ন সাগৰ ধনখৰৰ হত্যাৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে সুশীল কুমাৰক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত, দিল্লী আৰক্ষীয়ে তেওঁক ৰোহিণী আদালতত উপস্থিত কৰে আৰু আদালতে তেঁওক ছদিনৰ বাবে দিল্লী আৰক্ষীৰ অধীনলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে। ক্ৰীড়াজীৱন ১৪ বছৰ বয়সৰ পৰা ছত্ৰাচল ষ্টেডিয়ামৰ অখাৰাত সুশীলৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল। প্ৰথমে সুশীলৰ গুৰু আছিল ভাৰতীয় মল্লযুদ্ধা যশবীৰ আৰু ৰামপাল, পাছত অৰ্জুন বঁটা বিজয়ী শতপাল আৰু ভাৰতীয় ৰেলৱেৰ কেম্পত জ্ঞান সিং সুশীলৰ প্ৰশিক্ষক হয়। দুজন ব্যক্তিৰ মাজত এখন বিছনা আৰু বিছজনৰ ব্যক্তিয়ে একোটা কোঠাত থকাৰ দৰে কঠিন পৰিস্থিতিৰ মাজেৰে সুশীলে প্ৰশিক্ষণ কাল পাৰ কৰিব লগা হৈছিল। ১৮ বছৰ বয়সত সুশীল মল্লযুদ্ধৰ ৰাজ্যিক চেম্পিয়ন হয়। প্ৰথমটো ঊল্লেখনীয় সফলতা আহে ১৯৯৮চনৰ বিশ্ব কেডেত )ত যেতিয়া সুশীলে তেওঁৰ শাখাত স্বৰ্ণ পদক লাভ কৰে। তাৰ পাছত ২০০০ চনত এচিয়ান জুনিয়ৰ মল্লযুদ্ধ চেম্পিয়নশ্বিপত পুনৰ স্বৰ্ণ পদক দখল কৰে। ২০০৩ চনত সুশীলে এচিয়ান মল্লযুদ্ধ চেম্পিয়নশ্বিপৰ চিনিয়ৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে, আৰু কমনৱেলথ মল্লযুদ্ধত স্বৰ্ণ জয় কৰে। ২০০৩ চনৰ বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপত তেওঁ চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয়। অৱশ্যে ২০০৪ চনৰ এথেন্স অলিম্পিকৰ ৬০ কেজি শাখাত ১৪শ স্থান দখলেৰে সুশীল বেয়াকৈ ব্যৰ্থ হয়। ২০০৫ আৰু ২০০৭ চনত সুশীলে পুনৰ কমনৱেলথ মল্লযুদ্ধৰ খিতাপ দখল কৰে। ২০০৭চনৰ বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপত সপ্তম স্থান লাভ কৰাৰ পাছত ২০০৮ চনৰ বেইজিং অলিম্পিকত সুশীল কুমাৰে ব্ৰঞ্জৰ পদক দখল কৰে। ২০১২ চনৰ লণ্ডন অলিম্পিকত কাজাখাস্তানৰ এজন যোদ্ধাক হৰুৱাই ৰূপৰ পদক দখল কৰে। সুশীল ব্যক্তিগত শাখাত দুটা পদক পোৱা প্ৰথমজন ভাৰতীয় অলিম্পিয়ান। বেইজিং অলিম্পিক ২০০৮ ৬৬কেজি শাখাৰ প্ৰথম খেলতে ইউক্ৰেইনৰ এণ্ড্ৰি ষ্টেডনিকৰ হাতত সুশীল পৰাস্ত হয়,আৰু ৰিপিচেজ ৰাউণ্ড খেলিব লগা হয়, প্ৰথম ৰিপিচেজ ৰাউণ্ডত আমেৰিকাৰ ড’গ স্ক’ৱাব আৰু দ্বিতীয় ৰিপিচেজ ৰাউণ্ডত বেলাৰুচৰ এলবাৰ্ট বেটয়’ৰ্ভক পৰাস্ত কৰে। তাৰ পাছত ২০ আগষ্ট ২০০৮ তাৰিখে ব্ৰঞ্জ পদকৰ বাবে হোৱা খেলত কাজাখাস্তানৰ লিঅ’নিড স্পিৰিড’ন’ভ ৩:১ত পৰাস্ত কৰি পদক দখল কৰে। সুশীলে জনোৱা মতে ৭০মিনিটৰ ভিতৰত খেলিব লগা এইকেইখন খেলৰ সময়ত তেওঁ কাষত কোনো মালিচ কৰি দিয়া মানুহ নাছিল, টীম মেনেজাৰ এচিয়ান গেমছৰ পদকজয়ী কাৰ্টাৰ সিঙেই সুশীলক মালিচ কৰিব লগা হৈছিল। বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপ ২০১০, ম’স্কো ২০১০ চনৰ ১২ চেপ্টেম্বৰত, ম’স্কোত অনুষ্ঠিত বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপত প্ৰথমজন ভাৰতীয় হিচাপে স্বৰ্ণ পদক দখল কৰি সুশীলে ইতিহাস সৃষ্টি কৰে। সুশীলে এই প্ৰতিযোগিতাত ৬৬কেজিৰ ফ্ৰী ষ্টাইল শাখাত স্থানীয় এলান গ’গায়েভক ৩:১ৰ ব্যৱ্ধানত পৰাস্ত কৰে। তাৰ আগতে এখন ৰোমাঞ্চকৰ খেলত ইউৰোপৰ চেম্পিয়ন আজাৰবাইজানৰ জাব্ৰেইল হাচান’ভক ৪:৩অত পৰাস্ত কৰে (২:৩ত পিছ পৰি থকা সুশীলে শেষৰ ৫ছেকেণ্ডত ২ ইণ্ট অৰ্জন কৰে)। প্ৰথম ৰাউণ্ডত বাই পোৱা সুশীলে দ্বীতীয় ৰাউণ্ডত গ্ৰীচৰ এক্ৰিতিদিছ এনাষ্টাচিঅ’চক ৬:০ত পৰাস্ত কৰে, তাৰ পাছত প্ৰি-কোৱাৰ্টাৰত জাৰ্মানীৰ মাৰ্টিন চেবাষ্টিনক ৪:১ত আৰু কোৱাৰ্টাৰত মঙ্গোলিয়াৰ বুয়ানজাভ বেটজ’ৰিগক ৯:১ত বিধ্বস্ত কৰে। কমনৱেলথ গেমছ ২০১০, দিল্লী দিল্লী কমনৱেলথ গেমছত ১০ অক্টোবৰ ২০১০ তাৰিখে সুশীলে স্বৰ্ণ পদক লাভ কৰে। দক্ষিণ আফ্ৰিকাৰ হেনিৰিক বাৰ্নেচক ৭:০ত পৰাস্ত কৰি ৬৬কেজিৰ ফ্ৰী ষ্টাইল শাখাৰ এই পদক সুশীলে নিজৰ নামত কৰে। দক্ষিণ আফ্ৰিকীয় মল্লযুদ্ধাজনে সুশীলৰ আগত চাৰে তিনি মিনিটতকৈ অধিক সময় তিষ্টি থাকিব নোৱাৰে আৰু দ্বিতীয় ৰাউণ্ডৰ মাজতে ৰেফাৰীয়ে খেল সমাপ্ত বুলি ঘোষণা কৰে। ইয়াৰ পূৰ্বে ছেমি ফাইনেল খেলত সুশীলে জিম্বিয়াৰ ফামাৰা জাৰজাওক মাত্ৰ ৯ছেকেণ্ডত আৰু কোৱাৰ্টাৰ ফাইনেলত পাকিস্তানৰ মহম্মদ চলন্তক ৪৬ ছেকেণ্ডত ১০:০ৰ ব্যৱধানত পৰাস্ত কৰিছিল। লণ্ডন অলিম্পিক ২০১২ চূড়ান্ত খেলত জাপানৰ তাতচুহিৰ’ হাতত পৰাস্ত হোৱাৰ পাছত পুৰুষৰ ৬৬কেজিৰ ফ্ৰি ষ্টাইল শাখাত সুশীলে ৰূপৰ পদক লাভ কৰে। তাৰ আগয়ে ছেমিফাইনেলত সুশীলে কাজাখাস্তানৰ আক্জুৰেক পৰাস্ত কৰিছিল।. ইয়াৰ আগতে সুশীলে লণ্ডন অলিম্পিকৰ আৰম্ভণি অনুষ্ঠানত ৰাষ্ট্ৰীয় ধ্বজ্জা বাহক হিচাপে ভাৰতীয় দলক নেতৃত্ব দিছিল। টেলিভিচন সুশীলক ২০১২ চনত এম. টিভিৰ ৰ’ডীজ ৯ 9)ত দেখিবলৈ পোৱা গৈছিল। সন্মান আৰু স্বীকৃতি অৰ্জুন বঁটা, ২০০৫ চনত। ২০০৮ চনৰ বেইজিং অলিম্পিকৰ ব্ৰঞ্জ পদকৰ বাবে। ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা (যুটিয়াভাৱে), ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান। ভাৰতীয় ৰেল মন্ত্ৰালয়ৰ পৰা ৰ নগদ বঁটা লগতে মুখ্য টিকেটিং ইন্সপেক্টৰ পদৰ পৰা সহকাৰী বাণিজ্যিক মেনেজাৰ পদলৈ পদোন্নতি। দিল্লী চৰকাৰ পৰা ৰ নগদ বঁটা। হাৰিয়ানা চৰকাৰৰ পৰা ৰ নগদ বঁটা। ভাৰত চৰকাৰৰ তীখা মন্ত্ৰালয়ৰ পৰা ৰ নগদ বঁটা। আৰ. কে. গ্ল’বেলৰ পৰা ৰ নগদ বঁটা। মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা ৰ নগদ বঁটা। এম.টি.এন.এল.ৰ পৰা ৰ নগদ বঁটা। ২০১০ চনৰ বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদকৰ বাবে ভাৰতীয় ৰেলৱেৰ পৰা ৰ নগদ বঁটা আৰু পদোন্নতি। ভাৰত চৰকাৰৰ ক্ৰীড়া প্ৰাধিকৰণৰ পৰা ৰ নগদ বঁটা। দিল্লী চৰকাৰৰ পৰা ৰ নগদ বঁটা। ২০১২ চনৰ লণ্ডণ অলিম্পিকৰ ৰূপৰ পদকৰ বাবে দিল্লী চৰকাৰৰ পৰা ৰ নগদ বঁটা। হাৰিয়ানা চৰকাৰৰ পৰা ৰ নগদ বঁটা। ভাৰতীয় ৰেলৱেৰ পৰা ৰ নগদ বঁটা। হাৰিয়ানা চৰকাৰৰ পৰা মল্লযুদ্ধ একাডেমিৰ বাবে শোণিপাটত মাটি প্ৰদান। অ’.এন.জি.চি.ৰ পৰা ৰ নগদ বঁটা।. তথ্যসূত্ৰ ভাৰতৰ ব্যক্তি ভাৰতৰ মল্লযোদ্ধা অলিম্পিকত পদক বিজয়ী ভাৰতীয় অৰ্জুন বঁটা বিজয়ী মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা
72080
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2
ৰাজনৈতিক দল
ৰাজনৈতিক দল হৈছে এনে এক সংগঠন যি এখন দেশৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থীসকলক সমন্বয় কৰে। এক ৰাজনৈতিক দলৰ সদস্যসকলৰ মাজত ৰাজনীতিৰ বিষয়ে সচৰাচৰ একে ধৰণৰ ধাৰণা থকা আৰু দলবোৰে নিৰ্দিষ্ট আদৰ্শগত বা নীতিগত লক্ষ্যৰ প্ৰচাৰ কৰে। ৰাজনৈতিক দলবোৰ প্ৰায় প্ৰতিখন দেশৰ ৰাজনীতিৰ এক মুখ্য অংশ হৈ পৰিছে, কিয়নো যোৱা কেইশতিকামানত আধুনিক দল সংগঠনবোৰৰ বিশ্বজুৰি বিকাশ ঘটিছে আৰু বিয়পি পৰিছে। কিছুমান দেশৰ কেৱল এটা ৰাজনৈতিক দল থাকিব পাৰে আনহাতে আন দেশত একুৰিৰো অধিক থাকিব পাৰে, কিন্তু এখন দেশৰ বাবে কোনো ৰাজনৈতিক দল নথকাটো অত্যন্ত বিৰল। স্বৈৰতন্ত্ৰ আৰু গণতন্ত্ৰ দুয়োটা ৰাজনৈতিক ব্যৱস্থাতে ৰাজনৈতিক দলসমূহৰ ভূমিকা গুৰুত্বপূৰ্ণ, যদিও সাধাৰণতে গণতন্ত্ৰত স্বৈৰতন্ত্ৰতকৈ অধিক ৰাজনৈতিক দল থকা দেখা যায়। স্বৈৰতন্ত্ৰৰ প্ৰায়ে কেৱল এটা ৰাজনৈতিক দল থাকে যি দেশখন শাসন কৰে, আনহাতে কিছুমান ৰাজনৈতিক বিজ্ঞানীয়ে দুটা বা ততোধিক দলৰ মাজত প্ৰতিযোগিতাক গণতন্ত্ৰৰ এক অপৰিহাৰ্য অংশ বুলি বিবেচনা কৰে। ৰাজনৈতিক দলবোৰ সমাজত ইতিমধ্যে বিদ্যমান বিভাজনৰ, যেনে নিম্ন আৰু উচ্চ শ্ৰেণীৰ মাজৰ বিভাজন, পৰা বিকশিত হ'ব পাৰে আৰু তেওঁলোকে তেওঁলোকৰ সদস্যসকলক সহযোগিতা কৰিবলৈ উৎসাহিত কৰি ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ প্ৰক্ৰিয়াটো সুশৃংখল কৰে। ৰাজনৈতিক দলবোৰত সাধাৰণতে এজন দলৰ নেতা থাকে, যি দলৰ কাৰ্যকলাপৰ সিদ্ধান্তত প্ৰাথমিক দায়িত্ব গ্ৰহণ কৰে; দলৰ কাৰ্যবাহী সদস্য থাকে, যিসকলে নেতা বাছনি কৰে আৰু প্ৰশাসনিক তথা সাংগঠনিক কাম কৰে; আৰু দলৰ সদস্য থাকে, যিসকলে দলটোক সহায় কৰিবলৈ স্বেচ্ছাই সহায় কৰে, ধন দান কৰে, আৰু ইয়াৰ প্ৰাৰ্থীসকলক ভোটদান কৰে। বহুতো বেলেগ বেলেগ ধৰণে ৰাজনৈতিক দলবোৰ গঠন হ'ব পাৰে আৰু ভোটাৰসকলৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে। নাগৰিকসকলে ৰাজনৈতিক দলবোৰক দিয়া দান-বৰঙণিসমূহ প্ৰায়ে আইনৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, আৰু কেতিয়াবা দলবোৰে এনেদৰে শাসন ব্যৱস্থা চলায় যাতে তেওঁলোকক সময় আৰু ধন দান কৰা লোকসকলক সহায় হয়। বহুতো ৰাজনৈতিক দল আদৰ্শগত লক্ষ্যৰ দ্বাৰা অনুপ্ৰাণিত হয়। গণতান্ত্ৰিক নিৰ্বাচনত উদাৰ, ৰক্ষণশীল আৰু সমাজতান্ত্ৰিক দলসমূহৰ মাজত প্ৰতিযোগিতা হোৱা সচৰাচৰ দেখা যায়; বৃহৎ ৰাজনৈতিক দলসমূহৰ অন্যান্য উমৈহতীয়া মতাদৰ্শৰ ভিতৰত আছে সাম্যবাদ, জনপ্ৰিয়তাবাদ, জাতীয়তাবাদ আৰু ইছলামবাদ। বিভিন্ন দেশৰ ৰাজনৈতিক দলবোৰে প্ৰায়ে নিজকে এক নিৰ্দিষ্ট আদৰ্শৰ সৈতে পৰিচয় দিবলৈ একে ধৰণৰ ৰং আৰু প্ৰতীক গ্ৰহণ কৰে। অৱশ্যে বহুতো ৰাজনৈতিক দলৰ কোনো আদৰ্শগত সম্পৰ্ক নাথাকে, আৰু তাৰ পৰিৱৰ্তে দলতো মুখ্যতঃ পৃষ্ঠপোষকতা, ক্লায়েণ্টেলিজম বা এজন নিৰ্দিষ্ট ৰাজনৈতিক উদ্যোগীৰ উন্নতিত নিয়োজিত থাকিব পাৰে। সংজ্ঞা ৰাজনৈতিক দলবোৰ হৈছে সামূহিক সত্তা যি ৰাজনৈতিক কাৰ্যালয়ৰ বাবে প্ৰতিযোগিতা কৰে। এটা ৰাজনৈতিক দলৰ সদস্যসকলে এটা অংশীদাৰী উমৈহতীয়া নামৰ অধীনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। এক সংকীৰ্ণ সংজ্ঞাত, এটা ৰাজনৈতিক দলক কেৱল দলৰ নামৰ অধীনত কাৰ্যালয়ৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ গোট বুলি ভাবিব পাৰি। এক বহল সংজ্ঞাত, এক ৰাজনৈতিক দল হৈছে এক গোটৰ প্ৰাৰ্থীক নিৰ্বাচিত কৰিবলৈ সমৰ্থন আগবঢ়োৱা সমগ্ৰ সঁজুলি, যাৰ ভিতৰত আছে ভোটাৰ আৰু স্বেচ্ছাসেৱক যি এটা নিৰ্দিষ্ট ৰাজনৈতিক দলক সমৰ্থন কৰে, সেই দলৰ প্ৰাৰ্থী নিৰ্বাচনত সমৰ্থন কৰা চৰকাৰী দল-সংগঠন, আৰু দলটোৰ সৈতে জড়িত চৰকাৰৰ বিধায়ক আৰু সাংসদসকল। ৰাজনৈতিক দলবোৰক অন্য ৰাজনৈতিক গোট আৰু ক্লাবৰ পৰা এনেদৰে পৃথক কৰিব পাৰি যে দলবোৰে প্ৰাৰ্থী নিৰ্বাচন কৰাত মনোনিৱেশ কৰে আনহাতে আন গোটবোৰে এক নীতিগত মতাদৰ্শ প্ৰচাৰ কৰাত গুৰুত্ব দিয়ে। ৰাজনৈতিক দলবোৰক আন ৰাজনৈতিক সংগঠনৰ পৰা পৃথক কৰিব পৰা আন বিশেষত্বসমূহ হৈছে বৃহত্তৰ সদস্যপদ, সময়ৰ সৈতে অধিক স্থিৰতা, আৰু ভোটাৰসকলৰ সৈতে গভীৰ সম্পৰ্ক। বহুতো দেশত ৰাজনৈতিক দলৰ অভিধা দেশখনৰ আইনত সংজ্ঞায়িত কৰা হয় আৰু চৰকাৰে এটা সংগঠনক আইনীভাৱে ৰাজনৈতিক দল হিচাপে যোগ্যতা অৰ্জন কৰাৰ প্ৰয়োজনীয়তা নিৰ্দিষ্ট কৰি দিয়ে। আন এটা সংজ্ঞা অনুসৰি, ৰাজনৈতিক দল হৈছে এক সংগঠন যি এক নিৰ্দিষ্ট আদৰ্শগত বা নীতিগত লক্ষ্য আগবঢ়ায়, বা যি ৰাজনীতিৰ বিষয়ে একে বিচাৰধাৰা থকা লোকসকলক সংগঠিত কৰে। অৱশ্যে, বহুতো ৰাজনৈতিক দল প্ৰাথমিকভাৱে আদৰ্শ বা নীতিৰ দ্বাৰা অনুপ্ৰাণিত নহয়; উদাহৰণ স্বৰূপে, ৰাজনৈতিক দলবোৰ মুখ্যতঃ ক্লায়েণ্টেলিষ্টিক বা পৃষ্ঠপোষকতা-আধাৰিত সংগঠন হ'ব পাৰে, বা এক নিৰ্দিষ্ট ৰাজনৈতিক উদ্যোগীৰ কেৰিয়াৰ আগবঢ়াই নিয়াৰ সঁজুলি হ'ব পাৰে। তথ্য 
93519
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A6%A4%20%E0%A6%87%E0%A6%9B%E0%A6%B2%E0%A6%BE%E0%A6%AE%20%E0%A6%A7%E0%A7%B0%E0%A7%8D%E0%A6%AE
অসমত ইছলাম ধৰ্ম
ইছলাম হৈছে অসমৰ দ্বিতীয় বৃহত্তম আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা ধৰ্ম। মুছলমান জনসংখ্যা আছিল প্ৰায় ১০.৬৮ মিলিয়ন, ২০১১ চনৰ লোকপিয়ল অনুসৰি ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৩৪.২২% তকৈ অধিক, যাৰ ফলত অসমক শতকৰা হাৰত জম্মু আৰু কাশ্মীৰৰ পিছত দেশৰ ভিতৰতে দ্বিতীয় বৃহত্তম মুছলমান ৰাজ্য ত্ৰয়োদশ শতিকাত ইছলাম এই অঞ্চলত উপস্থিত হৈছিল আৰু অসমৰ প্ৰায় এঘাৰখন জিলাত মুছলমান সংখ্যাগৰিষ্ঠ আৰু চাৰিখন জিলাত অত্যন্ত কেন্দ্ৰীভূত। ২০২১ চনৰ হিচাপ অনুসৰি, এক আনুমানিক জনগাঁথনিগত গৱেষণাই ভৱিষ্যদ্বাণী কৰিছে যে ৰাজ্যখনত মুছলমান জনসংখ্যা ক্ৰমে মুঠ ৩.৫ কোটি জনসংখ্যাৰ ভিতৰত ৪০ শতাংশলৈ বৃদ্ধি পাইছে, যাৰ সংখ্যা ১ কোটি ৪০ লাখ। ইতিহাস প্ৰাক-ঔপনিৱেশিক কালত অসমত ইছলামৰ আগমন আৰু প্ৰসাৰত অৰিহণা যোগোৱা অন্যতম গুৰুত্বপূৰ্ণ কাৰক আছিল মুছলমান শাসক আৰু সেনাপতিৰ বাৰে বাৰে আক্ৰমণ। যদিও এই আক্ৰমণসমূহৰ কোনোটোৱেই শাসন স্থাপন কৰাত সফল নহ'ল ই স্থানীয় শাসকসকলৰ সহায়ত সৰু কিন্তু সমৃদ্ধিশালী মুছলমান জনসংখ্যাৰ সৃষ্টি কৰিলে। পিছলৈ আহোম ৰজাসকলে এটা সৰু মুছলমান প্ৰব্ৰজনক উৎসাহিত কৰিছিল আৰু আনকি দৰবাৰত ইছলামিক নামাজো প্ৰৱৰ্তন কৰিছিল। ঔপনিৱেশিক আৰু উত্তৰ-ঔপনিৱেশিক যুগত অসমত মূলতঃ অনুপ্ৰৱেশৰ বাবেই মুছলমান জনসংখ্যাৰ বিস্ফোৰণ ঘটিছিল। প্ৰাথমিক ইতিহাস অসমৰ প্ৰথম ইছলাম ধৰ্ম গ্ৰহণ কৰাসকলৰ ভিতৰত এজন আছিল মেচৰ মুখিয়াল আলী মেচ। ১২০৬ চনত দিল্লী চুলতানীৰ এজন সেনাপতি মহম্মদ বিন বখতিয়াৰ খিলজীয়ে অসমৰ সীমান্তত উপস্থিত হৈ আলী মেচক ধৰ্মান্তৰিত কৰে যিয়ে তেওঁক তিব্বত দখল কৰাৰ অভিযানত পথ প্ৰদৰ্শন কৰে। খিলজীয়ে কামৰূপ অঞ্চলত ১০–১২,০০০ অশ্বৰোহী বাহিনী লৈ আহিছিল যদিও চুম্বি উপত্যকাত পৰাজিত হৈ তেওঁৰ সৈন্যবাহিনীক নিঃশেষ কৰি পুনৰ বংগলৈ পিছুৱাই যাবলৈ বাধ্য হয় আৰু সেই বছৰতে তেওঁৰ মৃত্যু হয়। এই অভিযানৰ ফলত অসমৰ প্ৰথম মুছলমান জনসংখ্যাৰ সৃষ্টি হয়। প্ৰথম অনুপ্ৰৱেশকাৰীৰ বসতি ত্ৰয়োদশ শতিকাৰ মাজভাগত ১২৫৭ চনত মালিক ইখতিয়াৰুদ্দিন যুঁজবাকে অসমৰ কিছু অঞ্চল চমুকৈ দখল কৰাৰ সময়ত সংঘটিত হয়। তেওঁ খুতবাহ আৰু শুকুৰবাৰৰ সেৱাৰ প্ৰৱৰ্তন কৰে। অৱশ্যে তেওঁক অতি সোনকালেই কামৰূপৰ ৰায় সন্ধ্যাই পৰাস্ত কৰে আৰু তেওঁক বন্দী কৰি ফাঁচী দিয়ে। প্ৰায় ১৩৬০ চনত বংগৰ চুলতান চিকন্দৰ শ্বাহে কমতা ৰাজ্যত আক্ৰমণ চলাই ৰজা ইন্দ্ৰনাৰায়ণৰ কৰ্তৃত্ব অতিশয় দুৰ্বল কৰি পেলায়। কিন্তু দিল্লীৰ ফিৰুজ শ্বাহ তুগলাকৰ আগ্ৰাসন দমনৰ উদ্দেশ্যে চিকন্দৰে বংগলৈ পিছুৱাই যাবলৈ বাধ্য হয়। চুলতানীয় যুগ ১৪৯৮ চনত চুলতান আলাউদ্দিন হুছেইন শ্বাহে কামতা জয় কৰিবলৈ ২৪,০০০ সৈনিক আৰু এখন ফ্লটিলা লৈ সামৰিক জেনেৰেল শ্বাহ ইছমাইল গাজীক প্ৰেৰণ কৰে। এই বিজয়ৰ উচটনি দিছিল শচীপাত্ৰ নামৰ ব্ৰাহ্মণ এজনে, যাৰ পুত্ৰক ৰাণীৰ লগত কৰা যৌন সম্পৰ্কৰ বাবে নীলাম্বৰে ফাঁচী দিছিল। খেন বংশৰ ৰজা নীলাম্বৰক সফলতাৰে কাৰাগাৰত বন্দী কৰি, বংগ চুলতানে চুলতানক "কামৰু আৰু কামতাৰ বিজয়ী" বুলি লিখা মুদ্ৰা জাৰি কৰিবলৈ আৰম্ভ কৰে আৰু মালদাৰ এটা শিলত ৰাজহুৱাভাৱে বিজয় লিপিবদ্ধ কৰে। চুলতানে তেওঁৰ পুত্ৰ ৰাজকুমাৰ ডানিয়ালক নতুনকৈ বিজয়ী অঞ্চলটোৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দিলে; যি হাজোলৈকে গৈছিল আৰু মধ্য অসমলৈ সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্য আছিল। আলাউদ্দিন হুছেইন শ্বাহে কামতা ৰাজ্য জয় কৰাৰ পিছত বাগদাদৰ পৰা অহা এজন চুফী আছিল ঘিয়াছুদ্দিন আউলিয়া। হাজোৰ গৰুৰাচালা পাহাৰৰ ওপৰত তেওঁ খানকাহ স্থাপন কৰিছিল। লগত মক্কাৰ পৰা মাটিৰ গোট এটা লৈ অহা বুলি দাবী কৰি এই অট্টালিকাটো বৰমাকাম পুৱা-মক্কা নামেৰে পৰিচিত হ’ল। ঘিয়াচুদ্দিনৰ মৃত্যু হয় আৰু তাত এটা মাজাৰ (সমাধিস্থল) নিৰ্মাণ কৰা হয়। গন্ধৰ্ব ৰায়ৰ বংশধৰ হৰুপ নাৰায়ণৰ নেতৃত্বত এটা বাৰ-ভূঞা কনফেডাৰেচনে চুলতানত্বৰ প্ৰভাৱ আঁতৰোৱাত সফল হৈছিল যদিও ১৫১৫ চনত কোচ বংশ প্ৰতিষ্ঠা কৰা বিশ্ব সিংহই বাৰ-ভূঞাসকলক নিজেই আঁতৰাই পেলায়। চুলতানীয় শাসন প্ৰায় ১৫ বছৰ ধৰি চলিছিল। ১৬ তাৰিখে আহোম ৰাজ্যই যুদ্ধবন্দী হিচাপে লৈ যোৱা তুৰ্কো-আফগান সৈন্যসকলক পিছলৈ স্থানীয় জনসাধাৰণে আত্মসাৎ কৰিছিল যদিও ইছলামিক বিশ্বাসৰ আভাস বজাই ৰাখি পিতলৰ ধাতুৰ কাম কৰিছিল। মোগল যুগ ১৬১৩ চনত মোগল সম্ৰাট জাহাংগীৰে তেহৰাণ মহম্মদ জামান কাৰোৰীক চিলেটৰ আমিল হিচাপে নিযুক্তি দিয়ে। প্ৰথম ইছলাম খানৰ অসম অভিযানত অংশ লোৱা জামানে কোচ হাজো দখল কৰাত সহায়ক হৈছিল। মোগলসকলেও গোৱালপাৰাত শাসন কৰিছিল (তেওঁলোকৰ বংগ চুবহৰ অংশ হিচাপে), কিন্তু অসমৰ আন আন অঞ্চলবোৰক বশ কৰিব পৰা নাছিল। নতুনকৈ অধিগ্ৰহণ কৰা ভূমিত মোগলে চাৰিটা সৰকাৰ প্ৰতিষ্ঠা কৰিছিল---তাৰ ভিতৰত ঢেকেৰী (সংকোষ আৰু মানসৰ মাজত) আৰু কামৰূপ (মানস আৰু বৰ্ণাদীৰ মাজত) আছিল। বংগৰ সুবহদাৰ শ্বাহ ছুজাৰ নামেৰে কামৰূপৰ নাম সলনি কৰি শুজাবাদও ৰখা হয়। ১৬৩০ চনত বাগদাদৰ এজন মুছলমান সন্ত জনপ্ৰিয়ভাৱে আজান ফকিৰ নামেৰে পৰিচিত শিৱসাগৰত বসতি স্থাপন কৰে। তেওঁ স্থানীয় জনসাধাৰণক ইছলামৰ বিষয়ে প্ৰচাৰ কৰিছিল আৰু ফলস্বৰূপে বহুতে ধৰ্মান্তৰিত হৈ তেওঁৰ শিষ্য হৈছিল। তেওঁৰ সমাধিস্থল সৰগুৰি চাপৰিত উপস্থিত। এই সময়ছোৱাত কামৰূপৰ কেইবাজনো মুছলমান শাসক আছিল আৰু তেওঁলোকক শ্বুজাবাদৰ ফৌজদাৰ বুলি অভিহিত কৰা হৈছিল। ষষ্ঠ ফৌজদাৰ লুতফুল্লাহ শ্বিৰাজীয়ে ১৬৫৭ চনত কোচ হাজোত পাহাৰৰ শিখৰত মছজিদ নিৰ্মাণ কৰিছিল। মছজিদত ইৰাকৰ ৰাজকুমাৰ গিয়াথ আদ-দিন আৱলিয়াৰ মাজাৰ (সমাধিস্থল) আছিল, যিজনক সাধাৰণতে এই অঞ্চলত ইছলাম প্ৰৱৰ্তনৰ কৃতিত্ব দিয়া হয়। ১৬৮২ চনত ইটাখুলি যুদ্ধৰ পিছত মোগলে কামৰূপক চিৰদিনৰ বাবে হেৰুৱাই পেলায়। গুৱাহাটীৰ ফৌজদাৰৰ অসম্পূৰ্ণ তালিকাঃ মক্ৰম খান (১৬১২-১৬১৪) মিৰ চুফী (১৬১৪-১৬১৬) শ্বেইখ কালা (১৬১৬-১৬৩২২ আব্দ আছ-ছালাম (১৬৩২-১৬৩৮) নুৰুল্লাহ খান হেৰাতি (১৬৩৮-১৬৫৬) লুতফুল্লাহ শ্বিৰাজী (১৬৫৬-১৬৫৮), ১৬৫৭ চনত হাজোত পাহাৰৰ শিখৰত মছজিদ নিৰ্মাণ কৰিছিল। ব্ৰিটিছ ৰাজ যেতিয়া অসম ঔপনিৱেশিক শাসনৰ অধীনলৈ আহিছিল, তেতিয়া ইংৰাজে নিজৰ লগত লৈ আহিছিল কেইবাজনো অনুপ্ৰৱেশকাৰী বঙালী বসতিপ্ৰধান লোক (বেছিভাগেই মুছলমান)। এই অনুপ্ৰৱেশকাৰীসকলে অৰ্থনৈতিক আৰু সামাজিক কাৰণত আন বাঙালীসকলক অসমত বসতি স্থাপন কৰিবলৈ উৎসাহিত কৰিছিল। অসমৰ উৰ্বৰ ভূমি আৰু ইয়াৰ বিশাল বিস্তৃতিত সেই সময়ত খিলঞ্জীয়া জনসাধাৰণৰ বসতি আছিল( অৰ্থাৎ বিশাল ভূমি আৰু বনাঞ্চল উপস্থিত আছিল যদিও কম মানুহ) যিয়ে তেতিয়া বংগৰ ৰাষ্ট্ৰপতিত্বৰ পৰা বৃহৎ সংখ্যক ভূমিহীন অনুপ্ৰৱেশকাৰী কৃষকক আকৰ্ষণ কৰিছিল, ইয়াৰে প্ৰায় ৮৫% মুছলমান আছিল। শ্ৰমিকৰ প্ৰয়োজন হোৱা চাহ ৰোপণকাৰী আৰু অনুপ্ৰৱেশকাৰী মাৰোৱাৰী ব্যৱসায়ীসকলেও প্ৰব্ৰজনকাৰীসকলক আদৰণি জনায়। এই অনুপ্ৰৱেশকাৰী বাঙালীসকলৰ প্ৰাথমিক প্ৰতিষ্ঠা গোৱালপাৰা জিলাত আছিল, বেছিভাগেই চৰ (নদীৰ পাৰৰ) ভূমি আৰু সংৰক্ষিত বনাঞ্চলত। এই মুছলমান অনুপ্ৰৱেশকাৰীসকলৰ অধিকাংশই "মিয়া" নামেৰে জনাজাত আছিল। যিহেতু তেওঁলোকৰ বহুতেই ৰংপুৰৰ উত্তৰ-পূব অংশৰ পৰা আহিছিল আৰু ইয়াৰে অতি কম সংখ্যক মাইমেনসিংহৰ পৰা আহিছিল, সেয়েহে তেওঁলোকক কেতিয়াবা "বংয়া" বা বংগালী অৰ্থাৎ বাহিৰৰ মানুহ বুলিও কোৱা হৈছিল। ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন প্ৰণয়নৰ পিছত ১৯৩৭ চনত অসমত এখন বিধানসভা গঠন কৰা হয়। মহাম্মদ সাদুলাৰ নেতৃত্বত মুছলিম লীগে ৰাজ্যত সংখ্যালঘু চৰকাৰ গঠন কৰে আৰু তেওঁ পুনৰ তেতিয়াৰ বংগৰ পৰা বৃহৎ পৰিসৰৰ অনুপ্ৰৱেশক উৎসাহিত কৰে। স্বাধীনতা ১৯৪৭ চনত চিলেট গণভোটৰ পিছত মুছলমান সংখ্যাগৰিষ্ঠ চিলেট অঞ্চল পূব পাকিস্তানলৈ যোৱাৰ বিপৰীতে কৰিমগঞ্জ জিলাৰ দৰে কিছুমান মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চল ভাৰতৰ অসমলৈ যায়। অসমত গৌৰিয়া, মৰিয়া আৰু দেশী আদি কিছুমান খিলঞ্জীয়া মুছলমান আছে যদিও বৃহৎ পৰিসৰৰ বংগ মূলৰ অনুপ্ৰৱেশকাৰীৰ তুলনাত তেওঁলোক অতি কম। এইদৰে ভাৰতৰ চুবুৰীয়া দেশ পূব পাকিস্তানৰ পৰা অবৈধ অনুপ্ৰৱেশে অসমৰ মুছলমান জনসংখ্যা তীব্ৰভাৱে বৃদ্ধিত অৰিহণা যোগাইছে আৰু অসমৰ থলুৱা বাসিন্দাসকলক লাহে লাহে অস্থিৰ কৰি তুলিছে বুলি উদ্বেগ প্ৰকাশ পাইছে। পূব পাকিস্তানীৰ "জনগাঁথনিগত আগ্ৰাসন"ৰ এই ভয় অসম আন্দোলনৰ দিনৰে পৰা (১৯৭৯–১৯৮৫) অসমত ৰাজনৈতিক বিষয় হৈ আহিছে। ২০০১ চনত অসম ৰাজ্যৰ ৬খন মুছলমান সংখ্যাগৰিষ্ঠ জিলা আছিল। ২০১১ চনলৈকে এই সংখ্যা ৯ লৈ বৃদ্ধি পাইছিল। কিন্তু কিছুমানে কয় যে শেহতীয়া বছৰবোৰত এই সংখ্যা হ্ৰাস পাইছে যদিও ইয়াৰ কোনো সুনিৰ্দিষ্ট প্ৰমাণ নাই। অসম আন্দোলন আৰু চুক্তি সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু ‘সদৌ অসম গণ সংগ্ৰাম পৰিষদ’ )ৰ নেতৃত্বত অসম আন্দোলন (১৯৭৯-১৯৮৫) বংগ/বিহাৰ আদিৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াবলৈ এক জনবিদ্ৰোহ আছিল। প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ অধীনত আৰু ভাৰত চৰকাৰৰ নেতাসকলে অসম চুক্তি স্বাক্ষৰ কৰাৰ লগে লগে আন্দোলনৰ অন্ত পৰে। ঐতিহাসিক আন্দোলনৰ ছয়টা দীঘলীয়া বছৰৰ এই সময়ছোৱাত, খবৰ অনুসৰি ১৯৭৯-১৯৮৫ চনৰ অসম আন্দোলনত "অনুপ্ৰৱেশমুক্ত অসম"ৰ আশাত ৮৫৫জন লোকে (আছুৰ প্ৰতিবেদন অনুসৰি পিছলৈ ৮৬০ জন) নিজৰ প্ৰাণ আহুতি দিছিল। তদুপৰি কুখ্যাত নেলী আৰু খোইৰাবাৰী হত্যাকাণ্ডও এই সময়ছোৱাত সংঘটিত হৈ ক্ৰমে ২১৯১ আৰু ১০০-৫০০ লোকৰ প্ৰাণ কাঢ়ি নিলে। অসম চুক্তি (১৯৮৫) হৈছে ১৯৮৫ চনৰ ১৫ আগষ্টত নতুন দিল্লীত খিলঞ্জীয়া জনগোষ্ঠীৰ বাবে ভাৰত চৰকাৰৰ প্ৰতিনিধি আৰু অসম আন্দোলনৰ নেতাসকলৰ মাজত স্বাক্ষৰিত বন্দোবস্ত স্মাৰকপত্ৰ। অসম চুক্তিৰ মৌলিক দিশটো আছিল: ১৯৭১ চনৰ ২৫ মাৰ্চ বা তাৰ পিছত অসমলৈ অহা বিদেশী, ধৰা পৰিব; ডিলিট কৰা হৈছে আৰু এনে বিদেশীক বহিষ্কাৰৰ বাবে ব্যৱহাৰিক পদক্ষেপ গ্ৰহণ কৰা হ’ব। অসমৰ খিলঞ্জীয়া জনগোষ্ঠী (অৰ্থাৎ খিলঞ্জীয়া সেইসকলৰ বাবে যিসকলে ১৮২৬ চনত উপনিবেশিকৰণ হোৱাৰ আগলৈকে যুগ যুগ ধৰি জীয়াই আছে, ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়াৰ সংজ্ঞা অনুসৰি)। জনগাঁথনি অসমীয়া ৰাজ্যখনৰ চৰকাৰী ভাষা আৰু সৰ্বাধিক প্ৰচলিত ভাষা, আৰু সেয়ে ই আন্তঃজাতিগত যোগাযোগৰ বাবে লিংগুয়া ফ্ৰাংকা হিচাপে কাম কৰে। অসমৰ বৰাক উপত্যকাত চৰকাৰী ভাষা হিচাপে পৰিগণিত হোৱা বঙালী ভাষাও কিছুমান বিশেষ জনগোষ্ঠীৰ মাজত জনপ্ৰিয় উমৈহতীয়া ভাষা। অসমীয়া মুছলমানসকলক প্ৰায়ে চাৰিটা উপগোটত বিভক্ত কৰা হয়; দেশী, মাৰিয়া, গৌৰিয়া আৰু চৈয়দ। এই লোকসকলৰ কিছুমান আহোম–মোগল সংঘাতত বন্দী হোৱা পৰাজিত মোগল সৈনিকৰ বংশধৰ, যিসকলে অৱশেষত থলুৱা অসমীয়া নাৰীক বিয়া কৰাই অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰে। তেওঁলোকৰ জনসংখ্যা মুঠ প্ৰায় ৪০ লাখ, ৰাজ্যৰ জনসংখ্যাৰ ১২.৮%। চৈয়দসকলে নিজকে ইছলামিক হজৰত মহম্মদৰ বংশধৰ বুলি দাবী কৰে। দেশী বা জুলাসকল কোচ, মেচ, ৰাভা, বড়োৰ পৰা ইছলাম ধৰ্ম গ্ৰহণ কৰা থলুৱা লোকৰ বংশধৰ। তেওঁলোকে ত্ৰয়োদশ শতিকাৰ প্ৰধান আলী মেচক তেওঁলোকৰ প্ৰতিষ্ঠাপক পিতৃ হিচাপে গণ্য কৰে। এই গোটটোৱে বড় আৰু ৰাভাৰ বিপৰীতে মূলতঃ গোৱালপৰীয়া আৰু ৰাজবংশীত কথা-বতৰা কৰে। ইহঁত প্ৰধানকৈ পশ্চিম জিলা গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ (অৰ্থাৎ নিম্ন অসম)ত পোৱা যায়। মাৰিয়াসকল ১২০৬ চনত বখতিয়াৰ খালজীৰ সেনাবাহিনীৰ অংশ আছিল বন্দী মুছলমান সৈনিকৰ বংশধৰ। তেওঁলোক বেল-ধাতু আৰু লোহাৰ উদ্যোগত নিয়োজিত হোৱাৰ বাবেই তেওঁলোকৰ নামকৰণ কৰা হৈছে, মাৰিয়া শব্দৰ অৰ্থ হৈছে ধাতুত আঘাত কৰাজন। আনহাতে গৌৰীয়াসকল ১৫৩২ চনত তুৰবাক খানে অসম জয় কৰাৰ সময়ত তেওঁৰ লগত যোৱা মুছলমান সৈনিকৰ বংশধৰ। এই সেনাবাহিনী বংগৰ গৌড়ৰ পৰা আহিছিল, গতিকে গৌৰিয়া বুলি কোৱা হয়। মৰিয়া আৰু গৌৰিয়া সংখ্যালঘু গোট আৰু অসমৰ শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, গোলাঘাট, কামৰূপ আদি কিছু জিলাত পোৱা যায়। তেওঁলোকে অসমীয়া ভাষা নিজৰ মাতৃভাষা হিচাপে কয়। বংগৰ পৰা অহা মুছলমানসকল অসমৰ সৰ্বাধিক সংখ্যাগৰিষ্ঠ গোট। বৰাক উপত্যকাত স্থানীয় চিলেটী ভাষী লোকৰ বাসস্থান। উপত্যকাৰ কৰিমগঞ্জ জিলা ঐতিহাসিকভাৱে চিলেট জিলাৰ অংশ আছিল যদিও ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত ইয়াৰ পৰা পৃথক হৈছিল। বৰাক উপত্যকাৰ বাকী দুখন জিলা; কাছাৰ আৰু হাইলাকান্দি, ঐতিহাসিকভাৱে ডিমাছা ৰাজ্যৰ এটা অংশ আছিল যিয়ে চিলেটী মুছলমান জনসংখ্যাৰ বৃহৎ লোককো আতিথ্য দিছিল। ইয়াৰ উপৰিও হোজাই জিলাত বসবাস কৰি আছে কেইবাজনো চিলেট মূলৰ মুছলমান। মিয়া লোকসকল আধুনিক বাংলাদেশী বিভাগ ময়মনসিং, ৰংপুৰ আৰু ৰাজশাহীৰ পৰা অহা মুছলমান অনুপ্ৰৱেশকাৰীৰ বংশধৰ। ধুবুৰী, মৰিগাঁও, গোৱালপাৰা, হোজাই, কামৰূপ, দৰং, নগাঁও, বঙাইগাঁও, বৰপেটা, হাইলাকান্দি, কৰিমগঞ্জ, দক্ষিণ শালমাৰা-মানকাচৰ, নলবাৰী, চিৰাং আৰু বড়োলেণ্ড আদি মধ্য আৰু নিম্ন অসম জিলাত কেন্দ্ৰীভূত হৈ আছে। ২০২১ বছৰৰ আনুমানিক প্ৰতিবেদন অনুসৰি অসমৰ মুঠ মুছলমান জনসংখ্যাৰ ৪০%ৰ ভিতৰত তেওঁলোকৰ জনসংখ্যা প্ৰায় ১০.৪৯ মিলিয়ন, ৰাজ্যৰ জনসংখ্যাৰ প্ৰায় ৩০%। তৃতীয়টো গোট হৈছে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা অহা মুছলমান প্ৰব্ৰজনকাৰীৰ বংশধৰ, যিসকলে হিন্দুস্তানী ভাষা কয়। ইহঁতৰ জনসংখ্যা অসমত প্ৰায় ১.২৫ লাখ, ২০১১ চনলৈকে ৰাজ্যৰ জনসংখ্যাৰ ০.৪%। এইবোৰ প্ৰধানকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত পোৱা যায়। মানৱ অধিকাৰৰ বিষয় অসমৰ বঙালী মুছলমানসকলে বাৰে বাৰে আৰু বৃদ্ধি পোৱা আক্ৰমণৰ সন্মুখীন হৈছে। ১৯৮৩ চনত নেলী হত্যাকাণ্ডত প্ৰায় ৩০০০ বঙালী মুছলমান নিহত হৈছিল, (বেচৰকাৰী পৰিসংখ্যা ১০,০০০ তকৈ অধিক)। ২০১২ চনৰ অসম হিংসাৰ সময়ত বঙালী মূলৰ মুছলমান আৰু খিলঞ্জীয়া বড়ো লোকৰ মাজত সাম্প্ৰদায়িক দাঙ্গা সংঘটিত হৈছিল। প্ৰায় ৮০জন লোক নিহত হয়, ইয়াৰে অধিকাংশই বঙালী মুছলমান আৰু কিছু বড়ো। প্ৰায় ৪ লাখ লোক প্ৰব্ৰজনকাৰী শিবিৰলৈ স্থানান্তৰিত হৈছিল, বেছিভাগেই মুছলমান। ভাৰতীয় জাতীয়তাবাদী ৰাজনীতিবিদসকলে বাংলাদেশে অবৈধ অনুপ্ৰৱেশক কথিতভাৱে প্ৰচাৰ কৰি নিজৰ ভূখণ্ড সম্প্ৰসাৰণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে। কিন্তু ভাৰত চৰকাৰৰ লোকপিয়লৰ প্ৰতিবেদনত ১৯৭১ চনৰ পৰা ২০১১ চনৰ ভিতৰত বাংলাদেশৰ পৰা অনুপ্ৰৱেশ হ্ৰাস পোৱাৰ কথা উল্লেখ কৰা হৈছে। অসমৰ বাক্সা জিলাত ২০১৪ চনৰ ১ মে’ৰ নিশাৰ পৰা ৩ মে’ৰ পুৱতি নিশালৈকে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ এখন ৰাজ্য অসমত বঙালী মুছলমানৰ ওপৰত ধাৰাবাহিক আক্ৰমণ সংঘটিত হয়। অপৰাধীজন অজ্ঞাত যদিও নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড বুলি সন্দেহ কৰা হৈছে। লোকসভা নিৰ্বাচনত নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰণ্টক ভোট নিদিয়াৰ প্ৰতিশোধ লোৱাৰ জল্পনা-কল্পনা, মৃত্যুৰ সংখ্যা ৩২জন হয়, বেছিভাগেই মুছলমান। ২০১৯ চনৰ ৭ জুনত বৰাক উপত্যকাৰ বনমন্ত্ৰী পৰিমল সুক্লবৈদ্যৰ গৃহ সমষ্টি ধোলাইৰ ভিতৰত আমোদজনকভাৱে পৰি থকা হাইৱাইথাং ৰেঞ্জৰ অন্তৰ্গত ৰাজনীখাল বনাঞ্চলৰ পৰা ১০০০ৰো অধিক লোক সকলো মুছলমান —ৰে গঠিত ৮২টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। ২০২১ চনৰ ১০ জুনত প্ৰায় ৫০০ বাংলাভাষী মুছলমানৰ প্ৰায় ১০০ পৰিয়ালক ভূমি উচ্ছেদৰ জৰিয়তে গৃহহীন কৰি তোলা হৈছিল, যাৰ ফলত তেওঁলোকৰ হাতত এটা পথৰ ওচৰত আশ্ৰয় লোৱাৰ বাহিৰে আন কোনো বিকল্প নাছিল। উত্তৰ অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো ১৭ মে’ত অনুৰূপ অভিযান চলাইছিল য’ত ২৫টা মুছলমান পৰিয়ালক উচ্ছেদ কৰা হৈছে, আটাইকেইটা বাংলাভাষী গোটৰ। জিলা প্ৰশাসনৰ বিষয়াসকলে চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি বিগত সময়ত কেইবাবাৰো সতৰ্কবাণী দিয়াৰ পিছতো খালী নকৰা বুলি জানিবলৈ দিয়ে। অসমৰ বহু বাংলাভাষী মুছলমান এন আৰ চিৰ বলি হৈছে যিয়ে তেওঁলোকৰ দাবী, তেওঁলোকক পোনপটীয়াকৈ ডি ভোটাৰ শিতানত ঘোষণা কৰিছিল। পৰিসংখ্যাৰ উদ্ধৃতি দি পত্ৰখনত অভিযোগ কৰা হৈছে যে এই সংখ্যাৰ পৰা অনুমান কৰিব পাৰি যে যিমান পাৰি অধিক ব্যক্তিক বিদেশী বুলি ঘোষণা কৰাৰ বাবে ৰাজ্য কৰ্তৃপক্ষৰ হেঁচা আহিছে। ১৯৮৫ চনৰ পৰা ২০১৬ চনৰ ভিতৰত ৪৬৮,৯৩৪টা ৰেফাৰেলৰ ভিতৰত ৮০,১৯৪জন বাংলাভাষী মুছলমানক বিদেশী হিচাপে ঘোষণা কৰা হৈছিল। ২০১৭ চনত একেটা সম্প্ৰদায়ৰ ১৩,৪৩৪জন ব্যক্তিক বিদেশী ঘোষণা কৰা হৈছিল। ২০১৯ বছৰত অনুষ্ঠিত হোৱা অসমৰ যোৱা এন আৰ চিত দেখা গৈছে যে ১৯ লাখ লোকৰ নাম তালিকাৰ বাহিৰত আছিল, ইয়াৰে প্ৰায় ৫ লাখ বাংলাভাষী মুছলমানৰ নাম বাদ দিয়া হৈছিল। ২০২১ চনৰ ২১ ছেপ্টেম্বৰত অসম চৰকাৰে দৰং জিলাৰ প্ৰায় ৫,০০০ অবৈধ বাংলাভাষী মুছলমানক উচ্ছেদ কৰাৰ লগতে তেওঁলোকক উচ্ছেদ কৰাৰ কাৰণ হ’ল কোনো আইনী নথি অবিহনে চৰকাৰী মাটিত অবৈধভাৱে বেদখল কৰা। এই অভিযানৰ সময়ত দুটা মছজিদ আৰু এখন মাদ্ৰাছাও ভাঙি পেলোৱাৰ খবৰ পোৱা গৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আৰক্ষীৰ গুলীত দুজন মুছলমান (এটা ল’ৰাকে ধৰি) গুলীয়াই হত্যা কৰা হয়। ২০২৩ চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত লখিমপুৰ জিলাত অসম চৰকাৰে পুনৰ উচ্ছেদ অভিযান চলাইছিল, য’ত প্ৰায় ৩০০ বঙালী-মুছলমান পৰিয়ালৰ ঘৰ-দুৱাৰ আৰু বাসস্থান স্থায়ীভাৱে ধ্বংস হৈছিল, যাৰ ফলত তেওঁলোক গৃহহীন আৰু নিবনুৱা হৈ পৰিছিল। জনসংখ্যা স: (ভাৰতৰ লোকপিয়ল) ১৯০১-২০১১ দুটা দশকৰ বাবে (১৯৭১–১৯৯১) তাৰতম্য। ১৯৮১ চনত বিদ্ৰোহৰ ফলত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিৰ বাবে অসমত লোকপিয়ল কৰা নহ’ল। ১৪ বছৰ পূৰ্বে অনুষ্ঠিত হোৱা এন এফ এইচ এছ-৩ৰ পিছত অসমত মুছলমানসকলৰ প্ৰজনন ক্ষমতাৰ সৰ্বাধিক ভয়াৱহ হ্ৰাস পোৱা গৈছে। অসমৰ মুছলমান সম্প্ৰদায়ৰ প্ৰতিগৰাকী মহিলাৰ জন্ম হ’বলগীয়া সন্তানৰ সংখ্যা বা মুঠ প্ৰজননৰ হাৰ ২.৪ যিটো ২০১৯-২০ চনৰ পঞ্চম ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ গৱেষণাৰ হিন্দুসকলৰ ১.৬তকৈ অধিক মুছলমানসকলৰ মাজত উৰ্বৰতা হ্ৰাস ২০০৫–০৬ চনত ৩.৬ৰ পৰা ২০১৯–২০ চনত ২.৪লৈ হৈছে, যিটো একে সময়ছোৱাত হিন্দুসকলৰ মাজত ০.৪ৰ তুলনাত ১.৩ হ্ৰাস পাইছে যদিও নিম্ন ভিত্তিৰ পৰা। ১৯০১ চনত মুছলমানৰ শতকৰা হাৰ ১২.৪%ৰ পৰা ২০১১ চনত ৩৪.২২%লৈ বৃদ্ধি পাইছে (যিটো যোৱা ১২০ বছৰৰ পৰা ২১.৮২%ৰ তীব্ৰ বৃদ্ধি)। ২০২১ চনত কিছুমান হিচাপ অনুসৰি মুঠ ৩৬.৫৪ নিযুত জনসংখ্যাৰ ভিতৰত অসমৰ মুছলমান জনসংখ্যা প্ৰায় ১ কোটি ৪০ লাখ বুলি ধৰা হৈছে, যিটো ৰাজ্যৰ জনসংখ্যাৰ প্ৰায় ৪০%। জিলা অনুসৰি জনসংখ্যা (২০১১ চন) তলত ভাৰতৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ অসম ৰাজ্যৰ জিলা অনুসৰি মুছলমান জনসংখ্যাৰ বিভাজন দিয়া হ'ল: অসমৰ তেত্ৰিশখন জিলাৰ ভিতৰত এঘাৰখন জিলাত মুছলমান সংখ্যাগৰিষ্ঠ। ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, মৰিগাঁও, দক্ষিণ শালমাৰা-মানকাচৰ, হোজাই, নগাঁও, দৰং, কৰিমগঞ্জ আৰু হাইলাকান্দিত মুছলমান সংখ্যাগৰিষ্ঠ। কাছাৰ, নলবাৰী, কামৰূপ, কোকৰাঝাৰ আৰু চিৰাংত সৰ্বাধিক ঘনত্ব। ট্ৰেণ্ড আহোম ৰজা প্ৰতাপ সিংহৰ দিনত ১৭ শতিকাত (১৬০১-১৭০০) বাগদাদৰ পৰা অহা আজান ফকিৰে অসমত প্ৰথম ইছলামৰ প্ৰৱৰ্তন কৰিছিল। তেওঁ অসমৰ বিভিন্ন প্ৰান্তৰ স্থানীয় খিলঞ্জীয়া অসমীয়া জনজাতিলৈ ইছলাম ধৰ্ম প্ৰচাৰ কৰে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসাধাৰণক একত্ৰিত কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁক অসমীয়া ভাষাত আল্লাহৰ লগত জড়িত বহু আধ্যাত্মিক গীত ৰচনা কৰা এজন কিংবদন্তি চুফী সন্ত হিচাপে গণ্য কৰা হয়। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তই তেওঁৰ শিৱসাগৰত থকা দৰগাহত উপস্থিত হৈ অসমবাসীৰ বাবে বহুখিনি কাম কৰা এই মহান সংস্কাৰকক শ্ৰদ্ধাঞ্জলি জনায়। প্ৰক্ষেপণ ১৯৫১ চনত অসমৰ মুছলমান জনসংখ্যা আছিল ২৪%, যিটো অৱশেষত ২০১১ চনৰ লোকপিয়লত ক্ৰমে ৩৫% লৈ বৃদ্ধি পাইছে। আগন্তুক ২০২১ চনৰ লোকপিয়লৰ ক্ষেত্ৰত অনুমান কৰা হৈছে যে অসমত বৰ্তমানৰ মুছলমান জনসংখ্যা ৪০% ৰ ওপৰত, যিটো ২০১১ চনৰ লোকপিয়লৰ পূৰ্বৰ দশকৰ তুলনাত ক্ৰমে ৩৫%ৰ পৰা বৃদ্ধি পাইছে। 2040. 2047, 2061. খিলঞ্জীয়া অসমীয়া মুছলমান শেহতীয়াকৈ ২০২২ চনৰ ৫ জুন তাৰিখে অসম চৰকাৰে কেবিনেট সিদ্ধান্ত, খিলঞ্জীয়া অসমীয়া মুছলমান মাত্ৰ পাঁচটা ভিন্ন শিতান যথা গোৰিয়া,মৰিয়া,দেশী,জালাহ আৰু চৈয়দ, অবৈধ অনুপ্ৰৱেশ (2001-2011) 5-7% 2020, 1.4 (14 10 1 (10 33 15 অসমৰ পৰা উল্লেখযোগ্য মুছলমান 1957) ইমৰান শাহ, পাৰবিন চুলতানা, পদ্ম ভূষণ অধিক চাওক পশ্চিম বংগত ইছলাম ধৰ্ম অসমত খ্ৰীষ্টান ধৰ্ম অসমত হিন্দু ধৰ্ম টোকা উদ্ধৃতি সমূহ ইছলাম ধৰ্ম
9982
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A3%E0%A6%AA%E0%A7%81%E0%A7%B0%20%E0%A6%89%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%A4%E0%A7%B0%20%E0%A6%AE%E0%A6%BE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%AE%E0%A6%BF%E0%A6%95%20%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC
নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় হ'ল লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত এখন শিক্ষানুষ্ঠান। ইতিবৃত্ত ১৯৪২ চনৰ স্বাধীনতা আন্দোলন আৰু দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছৰ সময়খিনিতে নাৰায়ণপুৰৰ কেইজনমান শিক্ষানুৰাগী লোকৰ প্ৰচেষ্টাত সেই সময়ৰ উত্তৰ লখিমপুৰ মহকুমাৰ মহকুমাধিপতি চাহাবৰ সন্মতিক্ৰমে এখনি উচ্চ ইংৰাজী বিদ্যালয় নিৰ্মাণৰ যোজা চলিল। ১৯৪৫ চনৰ মাৰ্চ মাহৰ পৰা বিদ্যালয়ৰ ছাত্ৰৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হয় আৰু ২ মে'ৰ পৰা আগৰে পৰা থকা মজলীয়া বিদ্যালয়ৰ ঘৰটোতে আনুষ্ঠানিকভাৱে পাঠদান আৰম্ভ হয়। বিদ্যালয়খনত প্ৰথম অৱস্থাত ৭ম শ্ৰেণীটো খোলা হয় আৰু মাধ্যমিক শাখাৰ সৈতে প্ৰতিষ্ঠা কালত মুঠতে ৫টা শ্ৰেণী হয়। প্ৰথম বছৰ ৭ম শ্ৰেণীত নামভৰ্তি কৰা ১৪জন ছাত্ৰ আছিল- এনেদৰেই ১৯৪৮ চনত উচ্চ মাধ্যমিক স্তৰৰ চাৰিটা শ্ৰেণী সম্পূৰ্ণ হয় আৰু ১৯৪৯ চনৰ প্ৰৱেশিকা পৰীক্ষাত প্ৰথম দলটোৱে ব্যক্তিগতভাৱে পৰীক্ষা দিয়ে। ১৯৬০ চনত বিদ্যালয়খনি বৰ্তমানৰ স্থানলৈ স্থানান্তৰৰ আচঁনি লোৱা হয় যদিও বিভিন্ন কাৰণত এই প্ৰক্ৰিয়া লেহেমীয়া হৈছিল। ১৯৮৪ চনত দুই এটা শ্ৰেণীৰ বাহিৰে বৰ্তমান ঠাইত নতুন ঘৰত প্ৰায়বিলাক শ্ৰেণীৰ পাঠদান আৰম্ভ হ'লেও ১৯৮৫ চনতহে স্থানান্তৰৰ কাম সম্পূৰ্ণ হয়। ১৯৭৭ চনত বিদ্যালয়খনি প্ৰাদেশীকৃত বিদ্যালয় হয়। ১৯৭৫ চনৰ পৰা মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কেন্দ্ৰ হিচাপে বিদ্যালয়খনিক নিৰ্বাচন কৰা হয়। কোঠাৰী আয়োগৰ প্ৰতিবেদন অনুসৰি অসম চৰকাৰেও ইতিমধ্যে দুই এখন বিদ্যালয়ত মুকলি কৰা উচ্চতৰ মাধ্যমিক শ্ৰেণী দুটা বিদ্যালয়খনিতো খুলিবৰ বাবে প্ৰধান শিক্ষক স্বৰ্গীয় চেনিৰঞ্জন দত্তই কৰা প্ৰচেষ্টা ১৯৭৮ চনত ফলৱতী হয়। লগে লগেই বিভাগীয় স্বীকৃত সহ উচ্চতৰ মাধ্যমিক স্তৰটোৱে অনুমোদন লাভ কৰে আৰু বিদ্যালয়খনিৰ নাম দিয়া হয়- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। ১৯৮১ চনৰ ৩১ মাৰ্চ তাৰিখে উপাধ্যক্ষ সিদ্ধেশ্বৰ নেওগ বিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে। তেখেতৰ প্ৰচেষ্টাত বিদ্যালয়খনে শিক্ষাৰ গুণগত বিকাশৰ দিশত যথেষ্ট সাফল্য লাভ কৰে। দুৰ্ভাগ্যবশতঃ অধ্যক্ষৰ কোঠাত নিজৰ আসনত কৰ্মব্যস্ত হৈ থকা অৱস্থাতে ১৯৮৬ চনৰ ২৫ জানুৱাৰীৰ দিনা এইগৰাকী অধ্যক্ষৰ দেহাৱসান ঘটে। ১৯৮৮ চনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই বিদ্যালয়ক উচ্চতৰ মাধ্যমিক শিক্ষা কেন্দ্ৰ আৰু অধ্যক্ষগৰাকীক পৰীক্ষা পৰিচালনাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিয়োগ কৰে। ১৯৯৫ চনত বিদ্যালয়খনে প্ৰতিষ্ঠাৰ পঞ্চাছ বছৰ পূৰ্ণ কৰা উপলক্ষে সোণালী জয়ন্তী আৰু ২০১১ চনত হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰে। ছাত্ৰ আৰু কৰ্মচাৰী বৰ্তমান বিদ্যালয়খনিৰ উচ্চতৰ মাধ্যমিক কলা শাখাত ইংৰাজী, অসমীয়া, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান, উচ্চ অসমীয়া, বুৰঞ্জী, শিক্ষা, অংক, তৰ্কবিদ্যা, সমাজবিজ্ঞান আৰু ভূগোল বিষয়ৰ পাঠদানৰ ব্যৱস্থা আছে। অন্যহাতে বৃত্তিমুখী শাখাত মৎস্যপালন আৰু ৰেডিঅ'-টিভি মেৰামতি বিষয়ৰ পাৰ্ঠদান হয়। বিদ্যালয় পৰিচালনা সমিতিয়ে বাণিজ্য আৰু বিজ্ঞান শাখা প্ৰৱৰ্তনৰ বাবে চৰকাৰক অনুৰোধ জনাইছে। বিদ্যালয়ত বৰ্তমান অধ্যক্ষ আৰু বৃত্তিমুখী পাঠ্যক্ৰমত অংশকালীন শিক্ষককে ধৰি মুঠ কতৰ্ব্যৰত শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা ৪৬ গৰাকী। উচ্চবৰ্গৰ সহায়ক এজন আৰু নিম্নবৰ্গৰ সহায়ক দুজন। মুঠ চতুৰ্থবৰ্গৰ কৰ্মচাৰী তিনিজন। তাৰে দুজন অবৈতনিক। উচ্চতৰ মাধ্যমিক কলা শাখাত প্ৰথম আৰু দ্বিতীয় বাৰ্ষিকত বৰ্তমান ১৬০খনকৈ আসনৰ ব্যৱস্থা আছে। বৰ্দ্ধিত ছাত্ৰ-ছাত্ৰীৰ হেঁচাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবছৰে সাক্ষাৎকাৰ অনু্স্থিত কৰি নাম ভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰী বাচনি কৰা হয়। সফলতা ১৯৮৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শ্ৰী ভাস্কৰজ্যোতি শৰ্মাই সমগ্ৰ অসমৰ ভিতৰতে ইংৰাজী বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰি দ্বিতীয় স্থান অধিকাৰ কৰে। তেঁও বৰ্তমান এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া। ১৯৯৭ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শ্ৰীমতী স্মৃতিমালা শৰ্মাই অসমৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰে। ২০০২ চনত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শ্ৰী অনুপল বৰাই অসমৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰে। ২০০৮ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শ্ৰী ঋতুৰাজ দত্তই অসমৰ ভিতৰত অষ্টম স্থান লাভ কৰে। বিদ্যালয়ৰ প্ৰথম মাধ্যমিক শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত প্ৰথম ছাত্ৰ- শ্ৰী ভাস্কৰজ্যোতি শৰ্মা মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগ পোৱা প্ৰথম ছাত্ৰ- শ্ৰী ভূপেন হাজৰিকা লেটাৰ পোৱা প্ৰথম ছাত্ৰ- শ্ৰী বোধেশ্বৰ শইকীয়া মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগ পোৱা প্ৰথম ছাত্ৰী- শ্ৰীমতী ৰঞ্জুলা বৰা আৰু শ্ৰীমতী ৰীতা গোস্বামী উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগ পোৱা প্ৰথম ছাত্ৰ- শ্ৰী ভোগেশ্বৰ ফুকন উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগ পোৱা প্ৰথম ছাত্ৰী- শ্ৰীমতী জয়ন্তী ফুকন উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থানপ্ৰাপ্ত প্ৰথম ছাত্ৰ- শ্ৰী অনুপল বৰা প্ৰথম শিক্ষয়িত্ৰী- শ্ৰী হেমপ্ৰভা হাজৰিকা তথ্য সংগ্ৰহ অসমৰ বিদ্যালয়সমূহ
25481
https://as.wikipedia.org/wiki/%E0%A6%86%E0%A7%B0.%20%E0%A6%8F%E0%A6%AE.%20%E0%A6%8F%E0%A6%9B.%20%E0%A6%9F%E0%A6%BE%E0%A6%87%E0%A6%9F%E0%A6%BE%E0%A6%A8%E0%A6%BF%E0%A6%95
আৰ. এম. এছ. টাইটানিক
আৰ এম এছ টাইটানিক এখন ব্ৰিটিছ মানৱ পৰিবাহী জাহাজ আছিল। ইংলেণ্ডৰ চাউথএম্পটন ৰপৰা আমেৰিকাৰ নিউয়ৰ্ক চহৰলৈ ইয়াৰ প্ৰথম যাত্ৰা কৰাৰ সময়তেই এটুকুৰা আইচবাৰ্গত খুন্দা মৰাৰ ফলত জাহাজখন উত্তৰ আটলাণ্টিক মহাসাগৰত ডুব গৈছিল। ১৯১২ চনৰ ১৫ এপ্ৰিল তাৰিখে এই শোকাৱহ দুৰ্ঘটনাটো ঘটিছিল। টাইটানিক ডুব যোৱাৰ ফলত ১,৫০২ জন লোকৰ মৃত্যু হৈছিল। এইয়া ইতিহাসৰ এক শোকাবহ সাগৰীয় দুৰ্ঘটনা। ই প্ৰথম যাত্ৰাৰ সময়ত টাইটানিক বিশ্বৰ সবাতোকৈ ডাঙৰ জাহাজ আছিল। হোৱাইট ষ্টাৰ লাইনে পৰিচালনা কৰা অলিম্পিক ক্লাছ অ'চেন লাইনাৰ সমূহৰ ভিতৰত ই দ্বিতীয়খন জাহাজ আছিল। বেলফেষ্টৰ হাৰলেণ্ড এণ্ড ৱ'ল্ফ শ্বিপয়াৰ্ডত ইয়াক নিৰ্মাণ কৰা হৈছিল। ইয়াৰ প্ৰথম যাত্ৰাৰ সময়ত ই সৰ্বমুঠ ২,২২৪ জন যাত্ৰী আৰু কৰ্মচাৰী কঢ়িয়াই নিছিল। এডৱাৰ্ড স্মিথৰ তত্ত্বাৱধনাত টাইটানিকে ইয়াৰ প্ৰথম যাত্ৰা আৰম্ভ কৰিছিল। ইয়াৰ যাত্ৰীসকলৰ মাজত বহুতো বিশ্বৰ কেইগৰাকীমান প্ৰতিপত্তীশীল লোকো আছিল। ইয়াৰ উপৰিও গ্ৰেট ব্ৰিটেইন আৰু আয়াৰলেণ্ড, স্কেনদিনেভিয়ৰ প্ৰৱাসী লোক আৰু উত্তৰ আমেৰিকাত নতুন জীৱন বিচাৰি যোৱা ইউৰোপৰ লোকসকলো এই যাত্ৰাৰ সংগী আছিল। টাইটানিক এখন আৰাম আৰু বিলাসৰে পৰিপূৰ্ণ জাহাজ আছিল। ইয়াৰ ভিতৰতেই ব্যায়ামাগাৰ, বিলাসী ৰেষ্টুৰেণ্ট, গ্ৰন্থাগাৰ আৰু ছুইমিঙ পুলৰউপলব্ধ আছিল। জাহাজ পৰিচালনা তথা যাত্ৰীসকলে ব্যৱহাৰ কৰিবৰ বাবে ইয়াত শক্তিশালী অনাতাঁৰ টেলিগ্ৰাফৰ সুবিধা আছিল। যদিও টাইটানিকত বহুতো আগশাৰীৰ সুবিধা যেনে 'পানী প্ৰতিৰোধ কৰিব কোঠা' আৰু 'দূৰৰ পৰা নিয়ন্ত্ৰত কৰিব পৰা পানী প্ৰতিৰোধী দুৱাৰ' আছিল, তথাপি ইয়াত যাত্ৰীৰ উপযোগীকৈ লাইফব'টৰ সংখ্যা যথেষ্ট নাছিল। সমুদ্ৰ যাত্ৰাৰ পুৰণি নিৰাপত্তাৰ নিয়মাৱলীৰ বাবে, ই লগত ১,১৭৮ জন যাত্ৰীৰ বাবেহে লাইফব'ট কঢ়িয়াই নিছিল। লাইফব'টৰ সংখ্যা সেই যাত্ৰাৰ মুঠ যাত্ৰীৰ সংখ্যাৰ আধা তথা মুঠ যাত্ৰী আৰু জাহাজৰ কৰ্মচাৰী কঢ়িয়াব পৰা ক্ষমতাৰ মাথোঁ এক-তৃতীয়াংশহে আছিল। ১৯১২ চনৰ ১০ এপ্ৰিল তাৰিখে, টাইটানিকে চাউথএম্পটন চহৰ এৰিছিল। ই নিউয়ৰ্কৰ ফালে পশ্চিমলৈ গতি কৰাৰ আগতে ফ্ৰান্সৰ চেৰবাৰ্গ আৰু আয়াৰলেণ্ডৰ কুইনছটাউন এতিয়াৰ চ'ভ)ৰ লগত যোগাযোগ কৰিছিল। ১৯১২ চনৰ ১৪ এপ্ৰিল তাৰিখে, যাত্ৰা আৰম্ভ কৰাৰ ৪ দিন পাছত প্ৰায় ৩৭৫ মাইল (600 কিঃমিঃ) অতিক্ৰম কৰাৰ পাছত, নিউফাউণ্ডলেণ্ড)ৰ দক্ষিণ ফালে, ই এটুকুৰা আইচবাৰ্গত ৰাতি প্ৰায় ১১-৪০ বজাত (জাহাজখনৰ সময়মতে; জি.এম.টি -৩)। আংশিক ভাৱে হোৱা সংঘৰ্ষত টাইটানিকৰ হালপ্লেট )সমূহ বহুতো ঠাইত ভিতৰৰ দিশে বেঁকা হৈ হৈছিল। ইয়াৰ ফলত ষোল্লটা পানী প্ৰতিৰোধিত কোঠাৰ ভিতৰত পাঁচটা কোঠাত সাগৰৰ পানীৰে ভৰি পৰিছিল। লাহে লাহে গোটেই জাহাজখন পানীৰে ভৰি পৰছিল আৰু প্ৰায় ২ বাজি ২০ মিনিটত জাহাজখন আটলাণ্টিক মহাসাগৰৰ বুকুত ডুব যায়। ইয়াৰে কিছু সংখ্যক যাত্ৰী আৰু কৰ্মচাৰীক লাইফ-ব'টৰ দ্বাৰা জীৱন ৰক্ষা কৰা হৈছিল। জাহাজৰ বিষয়াসকলে প্ৰথমতে মহিলা আৰু শিশুসকলক বচোৱাৰ চেষ্টা কৰাৰ ফলত দ্বিতীয় শ্ৰেণীত ৯০%ৰো অধিক পুৰুষ জাহাজখনত আছিল। প্ৰায় ২ বাজি ১০ মিনিটত টাইটানিকৰ ওপৰৰ খলপাসমূহ পানীত ডুব যায়। ইয়াৰ ১০ মিনিটমানৰ ভিতৰতে জাহাজখন ভাগি দুটুকুৰা হৈ পৰে আৰু লগত এক হাজাৰৰো অধিক লোকৰ সৈতে পানীত ডুব যায়। বহুতো যাত্ৰী কেইমিনিট মানৰ ভিতৰতে মহাসাগৰৰ ঠাণ্ডা পানীৰ কাৰণে হাইপ'থাৰমিয়া ত ভুগি মৃত্যুমুখত পৰিছিল। জাহাজখন ডুব যোৱাৰ পাছত কিছুমান লোকক পানীৰ পৰা উদ্ধাৰ কৰি হৈছিল। দুৰ্ঘটনাৰ দুঘণ্টা মানৰ পাছত আৰ.এম.এছ. কাৰপেথিয়া আহি দুৰ্ঘটনাস্থলীত উপস্থিত হৈছিল। এই জাহাজখনে অনুমাণিক ৭০৫ জন লোকক জীৱন্তে উদ্ধাৰ কৰিছিল। টাইটানিকৰ ধ্বংসাৱশেষ সমূহ ১৯৮৫ চনত প্ৰায় ১২,৪১৫ ফুট (৩,৭৮৪ মিটাৰ) গভীৰতাত পোৱা গৈছে। ইয়াক আৱিষ্কৃত হোৱাৰ পিছত সহস্ৰাবিধ প্ৰাচীন মানৱ নিৰ্মিত সামগ্ৰী সমুদ্ৰপৃষ্ঠৰ পৰা উদ্ধাৰ কৰা হৈছে। এই সামগ্ৰীসমূহ বিশ্বৰ বিভিন্ন ঠাইৰ সংগ্ৰাহলয়ত প্ৰদৰ্শনীৰ কাৰণে মুকলি কৰি দিয়া হৈছে। “টাইটানিক”ক ইতিহাসৰ এখন বিশ্ব বিখ্যাত জাহাজ হিচাপে গণ্য কৰা হয়। বিভিন্ন গ্ৰন্থ, লোক গীত, চলচ্চিত্ৰ আদিৰ দ্বাৰা ইয়াৰ স্মৃতি এতিয়াও সজীৱ কৰি ৰখা হৈছে। পটভূমি যুক্তৰাজ্যৰ আয়াৰলেণ্ডৰ বেলফেষ্ট, আৰ.এম.এছ. টাইটানিকৰ নিৰ্মাণ কৰা হৈছিল। 'অলিম্পিক'-ক্লাছ অ'চেন লাইনাৰ—ৰ ভিতৰত দ্বিতীয়খন জাহাজ 'টাইটানিক' আছিল। প্ৰথমখনৰ নাম আছিল আৰ.এম.এছ. 'অলিম্পিক' আৰু তৃতীয়খনৰ নাম আছিল এইচ.এম.এইচ.এছ. 'ব্ৰিটানিক' (পূৰ্বতে ইয়াৰ নাম 'জাইগেণ্টিক' ৰখা হৈছিল)। তেতিয়ালৈকে এই জাহাজ কেইখনেই ব্ৰিটিছ শ্বিপিং কম্পেনী হোৱাইট ষ্টাৰ লাইনৰ নৌ-বহৰ )ৰ আটাইতকৈ ডাঙৰ জাহাজ আছিল। ইয়াক ২৯টা ভাপ ইঞ্জিনৰ দ্বাৰা পৰিচালিত কৰা হৈছিল। ১৯০৭ চনৰ মাজভাগত 'হোৱাইট ষ্টাৰ লাইন'ৰ অধ্যক্ষ জে. ব্ৰুচ ইচমে আৰু আমেৰিকান পুঁজি যোগান ধৰোঁতা জে. পিয়েৰপণ্ট মৰগানৰ মাজত এই আটাইকেইখন জাহাজ নিৰ্মাণৰ বিষয়ে আলোচনা হৈছিল। জে. পিয়েৰপণ্ট মৰগান ইণ্টাৰনেচনেল মাৰ্চেণ্টাইল মেৰাইন কম্পেনী (ইয়াৰ পৰাই 'হোৱাইট ষ্টাৰ লাইন' কম্পেনীৰ সৃষ্টি হৈছিল)ৰ দায়িত্বত আছিল। কেইবছৰ মান পূৰ্বে, ১৮৮৮ চনত লৰ্ড পিৰীয়ে চাৰিটা-ফানেলযুক্ত বৃহৎ আকৃতিৰ জাহাজ নিৰ্মাণৰ কথা জে. ব্ৰুচ ইচমেৰ পিতৃ থমাছ হেনৰী ইচমেৰ লগত আলোচনা কৰিছিল। কিন্তু ইমান ডাঙৰ জাহাজখনক চলাবলৈ সেই সময়ত কোনো ইঞ্জিন নাছিল। কুনৰাড লাইনে সেই সময়ত দুখন জাহাজ নিৰ্মাণ কৰি উলিয়াইছিল: লুছিটানিয়া আৰু মৰেটানিয়া। তেতিয়া এই দুখনেই দ্ৰুতবেগী মানৱ পৰিবাহী জাহাজ আছিল। সেই সময়ৰ আন দুখন উল্লেখযোগ্য জাহাজ হৈছে জাৰ্মানীৰ হামবাৰ্গ আমেৰিকা আৰু নৰডেউষ্টাৰ লয়ড। এই সমূহে হোৱাইট ষ্টাৰ লাইনৰ লগত প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াইছিল। ইচমেই জাহাজখন দ্ৰুতবেগী হোৱাৰ সলনি আকাৰত ডাঙৰ হোৱাটো বিছাৰিছিল। তেওঁ প্ৰস্তাৱ দিয়ে যে, এই জাহাজখন আটাইতকৈ ডাঙৰ হোৱাৰ উপৰিও ইয়াত যাত্ৰীসকলৰ বাবে উন্নতমানৰ সা-সুবিধা আৰু বিলাসিতা প্ৰদান কৰা উচিত। সেই সময়ত সেৱা আগবঢ়াই থকা পুৰণি মানৱ পৰিবাহী জাহাজ: এচ. এচ. 'টিউটনিক' (১৮৮৯) আৰু এচ. এচ. 'মেজেষ্টিক' (১৮৯০)- এই দুখনক সলনি কৰি কম্পেনীটোৱে নিজৰ নৌ-বহৰত উন্নতি সাধন কৰে। 'টিউটনিক'ৰ সলনি 'অ'লিম্পিক' আৰু 'মেজেষ্টিক'ৰ সলনি 'টাইটানিক'ক কম্পেনীটোৱে ব্যৱহাৰ কৰিবলৈ লয়। টাইটানিক ডুব যোৱাৰ পাছত 'হোৱাইট ষ্টাৰ'ৰ নিউয়ৰ্ক সেৱাই 'মেজেষ্টিক' জাহাজখনক পুনৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। এই জাহাজ কেইখন বেলফেষ্টৰ জাহাজ নিৰ্মাতা 'হাৰলেণ্ড এণ্ড ৱ'ল্ফে' নিৰ্মাণ কৰিছিল। ১৮৬৭ চনৰ পৰা তেওঁলোকৰ 'হোৱাইট লাইন ষ্টাৰ' কম্পেনীৰ লগত সু-সম্পৰ্ক আছিল। 'হোৱাইট লাইন ষ্টাৰ'ৰ বাবে জাহাজ কেইখন নিৰ্মাণ কৰোঁতে 'হাৰলেণ্ড এণ্ড ৱ'ল্ফ'ক বহুতো স্বাধীনতা দিয়া হৈছিল। হাৰলেণ্ড এণ্ড ৱ'ল্ফক নিৰ্মাণ কাৰ্য্যত খৰচৰ ক্ষেত্ৰত কোনো সীমা বান্ধি দিয়া হোৱা নাছিল আৰু পাঁচ শতাংশ লাভ দিয়া হৈছিল। 'অলিম্পিক' শ্ৰেণীৰ প্ৰথম দুখন জাহাজৰ বাবে ৩ মিলিয়ন পাউণ্ডৰ লগতে পাঁচ শতাংশ দিয়া পাৰিশ্ৰামিক দিয়া হৈছিল। হাৰলেণ্ড এণ্ড ৱ'ল্ফে নিজৰ কেইবাগৰাকী উল্লেখযোগ্য নক্সা বনাওতাক 'অলিম্পিক' শ্ৰেণীৰ জাহাজ কেইখনৰ নক্সা বনাবলৈ দিয়া হ'ল। হাৰলেণ্ড এণ্ড ৱ'ল্ফ আৰু হোৱাইট ষ্টাৰ লাইনৰ সঞ্চালক, লৰ্ড পিৰী; হাৰলেণ্ড এণ্ড ৱ'ল্ফৰ ডিজাইন বিভাগৰ সঞ্চালক আৰু নৌ স্থপতিবিদ থমাছ এণ্ড্ৰিউছ; জাহাজৰ নক্সা, স্থিৰতা আৰু পৰিপাটি কৰাৰ দায়িত্বত এডৱাৰ্ড ৱিল্ডিঙ আৰু এণ্ড্ৰিউছৰ প্ৰতিনিধি; শ্বিপয়াৰ্ডৰ মুখ্য আৰু সাধাৰণ ব্যৱস্থাপক আলেকজেণ্ডাৰ কাৰলিছলিৰ তত্ত্বাৱধানত নক্সাসমূহ তৈয়াৰ কৰা হৈছিল। জাহাজখনৰ সাজ-সজ্জা, সা-সৰঞ্জাম আৰু অন্যান্য সাধাৰণ ব্যৱস্থাসমূহ, যেনে যোগ্য লাইফব'ট ডেভিট ডিজাইনৰ কাৰ্য্যকৰীকৰণ ৰ দায়িত্বত কাৰলিছলি আছিল। ১৯০৮ চনৰ ২৯ জুলাইত, হাৰলেণ্ড এণ্ড ৱ'ল্ফ-এ জাহাজৰ নক্সাসমূহ জে. ব্ৰুচ ইচমে আৰু হোৱাইট ষ্টাৰ লাইনৰ কাৰ্য্যনিবাহকক দিয়ে। ইচমেই নক্সাসমূহত সন্মতি প্ৰদান কৰে আৰু দুদিন পাছৰ পৰাই জাহাজ কেইখন নিৰ্মাণৰ বাবে সন্মতি দিয়ে। প্ৰথম অৱস্থাত, প্ৰথমখন জাহাজক 400" নামেৰে সূচোৱা হৈছিল। পাছত ইয়াৰ নাম 'অলিম্পিক' ৰখা হয়। 'টাইটানিক' এই নক্সাৰ এটা সংশোধিত ৰূপ আছিল আৰু ইয়াক 401" নামেৰে সূচোৱা হৈছিল। আকাৰ টাইটানিকৰ মুঠ দৈৰ্ঘ্য ৮৮২ ফুট (২৬৯.০৬ মিটাৰ) আৰু সৰ্বাধিক প্ৰষ্ঠ ৯২ ফুট ৬ ইঞ্চি (২৪.১৯ মিটাৰ) আছিল। ইয়াৰ তলৰ ভেটিৰ পৰা ওপৰৰ সাঁকোলৈকে উচ্চতা আছিল ১০৪ ফুট (৩২ মিটাৰ)। ইয়াৰ মুঠ ওজন আছিল ৪৬,৩২৮ গ্ৰ'ছ ৰেজিষ্টাৰ টন। অলিম্পিক-শ্ৰেণীৰ তিনিওখন জাহাজতে দহটাকৈ খলপা (ওপৰত থকা বিষয়াসকলৰ সমূহ বাদ দি) আছিল। ইয়াৰ ভিতৰত আঠোটা খলপা যাত্ৰীসকলৰ বাবে আছিল। ওপৰৰ পৰা তললৈ খলপা সমূহ হৈছে: ব'ট খলপা এই খলপাত লাইফ-ব'ট সমূহ ৰখা হৈছিল। ইয়াৰ পৰাই ১৯১২ চনৰ ১৫ এপ্ৰিলৰ প্ৰথম ক্ষণত উত্তৰ আটলাণ্টিকত মেলি দিয়া হৈছিল। সাঁকো আৰু টো খলপাটোৰ একেবাৰে সন্মুখৰ প্ৰান্তত, কেপ্তেইন আৰু বিষয়াসকলৰ ৰ সন্মুখত আছিল। দৈৰ্ঘ্যৰ সাঁকোখন খলপাটোৰ ওপৰত আছিল। দুয়োফালে এই সাঁকোখন মেলিব পৰা গৈছিল, যাতে বন্দৰত ৰখাই থোৱাৰ সময়তো যাতে জাহাজখন নিয়ন্ত্ৰণ কৰিব পৰা যায়। টো সাঁকোখনৰ ঠিক পাছতে আৰু ওপৰত আছিল। প্ৰথম শ্ৰেণীত প্ৰৱেশ কৰা গ্ৰেণ্ড ষ্টেয়াৰকেছ আৰু ব্যায়ামাগাৰৰ লগতে প্ৰথম শ্ৰেণীৰ বৈঠকখানাটো জাহাজখনৰ মধ্যভাগত অৱস্থিত আছিল। খলপাটোৰ পিছ অংশটোত প্ৰধম শ্ৰেণীৰ ধুমপান কোঠা আৰু দ্বিতীয় শ্ৰেণীৰ প্ৰৱেশদ্বাৰ আছিল। এই খলপাটোত চাৰিটাকৈ সমুদ্ৰৰ প্ৰমোদৰ ঠাই আছিল: বিষয়াসকল, প্ৰথম শ্ৰেণীৰ যাত্ৰী, অভিযন্তা আৰু দ্বিতীয় শ্ৰেণী যাত্ৰীসকলৰ বাবে। এ খলপা এই খলপাটো 'প্ৰমোদ ভ্ৰমণ খলপা' নামেৰেও জনা গৈছিল। এই খলপাটো বিশাল জাহাজখনৰ ৫৪৬ফুট (১৬৬মিটাৰ) দৈৰ্ঘ্য বিস্তাৰিত আছিল। এই খলপাটো সম্পূৰ্ণৰূপে প্ৰথম শ্ৰেণীৰ যাত্ৰীৰ বাবে সংৰক্ষিত আছিল। ইয়াত প্ৰথম শ্ৰেণীৰ কোঠা, প্ৰথম শ্ৰেণীৰ বৈঠকখানা ধুমপানৰ বাবে কোঠা আৰু পঢ়া-শুনা কৰিবৰ বাবে কোঠা। বি খলপা বা সাঁকো খলপা ই ওপৰৰ ওজন-বহন কৰিব পৰা খলপা আৰু জাহাজৰ সজাঁটোৰ আটাইতকৈ ওপৰৰ অংশ। প্ৰথম শ্ৰেণীৰ যাত্ৰীসকলক ইয়াত থকাৰ সুবিধা কৰি দিয়া আছিল। ইয়াত ছটাকৈ 'প্ৰসাদীয় কোঠৰী' আছিল, য'ত প্ৰথম শ্ৰেণীৰ যাত্ৰী সকলৰ সুবিধাৰ্থে সমুদ্ৰৰ প্ৰমোদৰ কাৰণে ঠাই আছিল। 'এ লা কাৰ্টে ৰেষ্টুৰেণ্ট' আৰু 'কেফে পেৰিছিয়ানে' )য়ে প্ৰথম শ্ৰেণীৰ যাত্ৰীসকলৰ বাবে বিলাসী ভোজনৰ ব্যৱস্থা কৰি দিছিল। এই দুয়োখন চুক্তিবদ্ধ কৰ্মচাৰীয়ে পৰিচালনা কৰিছিল। এই সকলোবোৰ দুৰ্ঘটনাটোত সম্পূৰ্ণৰূপে জাহ যায়। এই খলপাটোতে দ্বিতীয় শ্ৰেণীৰ ধুমপান কোঠা আৰু প্ৰৱেশগৃহটো অৱস্থিত আছিল। দৈৰ্ঘ্যৰ এই খলপাটোৰ অংশটো তৃতীয় শ্ৰেণীৰ যাত্ৰীসকলে প্ৰমোদ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰিছিল। টাইটানিক ডুব যোৱাৰ সময়ত এই অংশটোতে বহুতো যাত্ৰী আৰু জাহাজৰ কৰ্মীসকল আছিল। চি খলপা বা আশ্ৰয় খলপা ই আটাইতকৈ সৰ্ব্বোচ্চ খলপা যি জাহাজখনৰ সন্মুখভাগৰ পৰা পিছ অংশলৈকে মুক্ত আছিল। ইয়াত দুটাকৈ আৱদ্ধ খলপা আছিল। ইয়াৰে এটা তৃতীয় শ্ৰেণীৰ যাত্ৰী সকলৰ সমুদ্ৰৰ প্ৰমোদৰ সুবিধাৰ্থে আছিল। জাহাজৰ কৰ্মচাৰীসকলৰ কোঠালিসমূহ ৰ তলত আৰু তৃতীয় শ্ৰেণীৰ ৰাজহুৱা কোঠাসমূহ খলপাটোৰ তলত আছিল। ইয়াৰ মাজতে প্ৰথম শ্ৰেণীৰ কোঠাসমূহ আৰু দ্বিতীয় শ্ৰেণীৰ পুথিভঁৰালটো আছিল। ডি খলপা বা অভ্যৰ্থনা কক্ষ খলপা এই খলপাত মূলতঃ তিনিটাকৈ বিশাল ৰাজহুৱা কোঠা আছিল 'প্ৰথম শ্ৰেণীৰ অভ্যৰ্থনা কক্ষ' 'প্ৰথম শ্ৰেণীৰ ভোজন অভ্যৰ্থনা কক্ষ' আৰু 'দ্বিতীয় শ্ৰেণীৰ ভোজন অভ্যৰ্থনা কক্ষ' তৃতীয় শ্ৰেণীৰ যাত্ৰীৰ বাবে অলপ মুকলি স্থানৰ সুবিধা কৰা আছিল। প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ যাত্ৰীৰ কক্ষ ইয়াতেই আছিল। এই খলপাৰ সন্মুখভাগত থকাৰ ব্যৱস্থা আছিল। ই খলপা বা ওপৰৰ খলপা এই খলপাটো মূলতঃ সকলো শ্ৰেণী যাত্ৰীৰ বাবে থকাৰ বাবে বন্দবস্ত কৰা হৈছিল। ৰান্ধনী, ট্ৰিমাৰ আৰু অন্যান্য কৰ্মচাৰীসকলৰ বাবে থকাৰ ব্যৱস্থা আছিল। ইয়াৰ খলপাৰ মাজত এটা দীঘল সংযোগী পথ আছিল। লিভাৰপুলৰ প্ৰখ্যাত স্কটলেণ্ড ৰ'ডৰ অনুসৰি এই পথটোৰ নাম দিয়া হৈছিল। এই সংযোগী পথটো তৃতীয় শ্ৰেণীৰ যাত্ৰী আৰু জাহাজৰ কৰ্মচাৰীসকলে ব্যৱহাৰ কৰিছিল। এফ খলপা বা মধ্য খলপা এই খলপাটো জাহাজখনৰ শেষৰ সম্পূৰ্ণ খলপা। ইয়াত দ্বিতীয় আৰু তৃতীয় শ্ৰেণী যাত্ৰীৰ থকাৰ বাবে বন্দবস্ত আৰু জাহাজৰ কৰ্মচাৰী সকলৰ কেইবাটাও বিভাগ আছিল। ইয়াত 'তৃতীয় শ্ৰেণীৰ ভোজনালয়', 'অভ্যৰ্থনা কক্ষ' ছুইমিঙ পুল আৰু অৱস্থিত আছিল। জি খলপা বা তলৰ খলপা আটাইতকৈ তলত অৱস্থিত এটা সম্পূৰ্ণ খলপা, য'ত যাত্ৰী কঢ়িওৱা হৈছিল। ইয়াত 'স্কোৱাছ ক'ৰ্ট' আৰু 'ভ্ৰাম্যমাণ ডাকঘৰ'টো অৱস্থিত আছিল। ইয়াত পিয়নসকলে চিঠি আৰু 'পাৰ্চেল' সমূহ ভাগ কৰিছিল যাতে জাহাজখন বন্দৰত উপস্থিত হোৱাৰ লগে-লগে বিতৰণ কৰিব পাৰি। খাদ্য সমূহ ইয়াতেই সংৰক্ষিত কৰা হৈছিল। এই খলপাটোৰ কোনো কোনো অংশত অ'ৰলপ খলপাৰ বইলাৰ, ইঞ্জিন আৰু টাৰবাইন কোঠাসমূহৰ কিছু অংশও অৱস্থিত আছিল। অ'ৰলপ খলপা আৰু টেংক টপ জাহাজখনৰ আটাইতকৈ নিম্ন ভাগৰ অংশ আৰু সমুদ্ৰৰ জলৰেখাৰ তলত আছিল। অ'ৰলপ খলপাটো বয়-বস্তুৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল। টেংক টপ অংশত সকলো 'বইলাৰ',' ইঞ্জিন', 'টাৰবাইন' আৰু' ইলেকট্ৰিকেল জেনেৰেটৰ' সমূহ ৰখা হৈছিল। এই অংশত অৱস্থিত বইলাৰ আৰু ইঞ্জিনৰ কোঠাসমূহ সাধাৰণ যাত্ৰীসকলৰ বাবে দৃশ্যমান নাছিল। বৈশিষ্ট্য ইঞ্জিন, বইলাৰ আৰু জেনেৰেটৰ টাইটানিক তিনিটা ইঞ্জিনৰ সৈতে সু-সজ্জিত আছিল। ইয়াৰে দুটা 'পাৰস্পাৰিক ইঞ্জিন' চাৰিটা চিলিণ্ডাৰ যুক্ত, 'ত্ৰি-প্ৰসাৰণ' ভাপ ইঞ্জিন আৰু আনটো মধ্যভাগত নিম্ন চাপৰ 'পাৰ্চন টাৰবাইন' আছিল। প্ৰতিটোৰে লগত এখনকৈ প্ৰ'পেলাৰ সংযুক্ত আছিল। দুয়োটা পাৰস্পাৰিক ইঞ্জিনে সন্মিলিত ভাৱে ৩০,০০০ অশ্বশক্তি আৰু টাৰবাইনটোৱে ১৬,০০০ অশ্বশক্তি উৎপাদন কৰাৰ ক্ষমতা ৰাখিছিল। ইয়াৰ পূৰ্বেও হোৱাইট ষ্টাৰ লাইনে ইঞ্জিনসমূহ একেলগে 'এচ. এচ. লউৰেণ্টিক' ')ত ব্যৱহাৰ কৰি সফলতা লাভ কৰিছিল। এইসমূহে জাহাজখনক ভাল গতি আৰু প্ৰদান কৰিছিল। কেৱল 'পাৰস্পাৰিক ইঞ্জিন' সমূহ ৰ দ্বাৰা অ'লিম্পিক শ্ৰেণীৰ লাইনাৰ সমূহত গতি দিব পৰাকৈ ইঞ্জিন সমূহ শক্তিশালী নাছিল। আনহাতে টাৰবাইনসমূহ যথেষ্ট শক্তিশালী আছিল, যদিও এই সমূহে কম্পনৰ সৃষ্টি কৰি অসুবিধা কৰিছিল। 'আৰ এম এচ লুচিটানিয়া' আৰু 'আৰ এম এচ ম'ৰেটানিয়া' )'ত ব্যৱহৃত টাৰবাইনসমূহে জাহাজত কম্পনৰ সৃষ্টি কৰিছিল। পাৰস্পাৰিক ইঞ্জিন আৰু টাৰবাইনসমূহ একেলগে ব্যৱহাৰ কৰিলে ইন্ধনৰ খৰচ হ্ৰাস পায়। ইয়াৰ উপৰিও সম পৰিমাণৰ ভাপ ব্যৱহাৰ কৰি বেছি পৰিমাণৰ শক্তি লাভ কৰিব পৰা যায়। দুয়োটা পাৰস্পাৰিক ইঞ্জিন বিশাল আকৃতিৰ আছিল। প্ৰতিটো ইঞ্জিনৰ দৈৰ্ঘ্য ৬৩ ফুট (১৯ মিটাৰ) আৰু ওজন ৭২০ টন আছিল। ইয়াৰ প্ৰতিখন 'বেডপ্লেট' )ৰ ওজনো আছিল ১৯৫ টন। এই বিলাকক ২৯টা বইলাৰৰ পৰা আহৰণ কৰা ভাপেৰে শক্তি প্ৰদান কৰা হৈছিল। ইয়াৰ ভিতৰত ২৪ টা আৰু ৫ টা আছিল। ইয়াত মুঠ ১৫৯টা অগ্নিকুণ্ড আছিল। বইলাৰ বিলাকৰ ব্যাস ১৫ ফুট ৯ ইঞ্চি (৪.৮০ মিটাৰ) আৰু দৈৰ্ঘ্য ২০ ফুট (৬.১ মিটাৰ) আছিল। প্ৰতিটোৰে ওজন ৯১.৫ টন আৰু ইয়াৰ ৪৮.৫ টন পানী ধৰি ৰাখিব পৰা ক্ষমতা আছিল। বইলাৰ সমূহৰ পানী কয়লা দাহন কৰি বাষ্প কৰা হৈছিল। টাইটানিকৰ 'বাংকাৰ' ত ৬,৬১১ টন কয়লা কঢ়িয়াই নিব পৰাৰ ক্ষমতা আছিল। ইয়াৰ উপৰিও প্ৰয়োজন সাপেক্ষে ১,০৯২ টন কয়লা কঢ়িয়াব পৰাৰ সুবিধা আছিল। অগ্নিকুণ্ডত প্ৰতিদিনে ৬০০ টনৰো অধিক কয়লাৰ দৰকাৰ হৈছিল। কয়লাবোৰ 'বেলচা' ৰ সহায়ত অগ্নিকুণ্ডত দিয়া হৈছিল। এই কাৰ্য্যত সকলো সময়তে ১৭৬ জন কৰ্মচাৰীৰ প্ৰয়োজন হৈছিল। প্ৰতিদিনে প্ৰায় ১০০ টন ওজনৰ অৱশেষ সমুদ্ৰত আৱৰ্জনা হিচাবে পেলোৱা হৈছিল। এই কামসমূহ লেতেৰা আৰু বিপদজনক আছিল। ইয়াত কাম কৰা কৰ্মীসকলক ভাল পৰিমাণৰ বেতন দিয়া হৈছিল। তথাপি তেওঁলোকৰ মাজত আত্মহত্যা কৰা লোকৰ সংখ্যা অধিক আছিল। পাৰস্পাৰিক ইঞ্জিনৰ পৰা বাহিৰ হোৱা বাষ্পখিনি জাহাজৰ পিছফালে থকা টাৰবাইন চলাবলৈ ব্যৱহাৰ কৰা হৈছিল। তাৰপৰা বাষ্পখিনি লৈ পঠোৱা হৈছিল। ত বাষ্পসমূহ ঘঁনীভূত কৰি পানীলৈ পৰিৱৰ্তন কৰা হৈছিল আৰু পানীখিনি পুনৰাই ব্যৱহাৰ কৰা হৈছিল। এই ইঞ্জিনসমূহ দীঘল ৰ লগত সংযোগ কৰা আছিল। এই সমূহে প্ৰ'পেলাৰ সমূহ চলাইছিল। প্ৰতিটো ইঞ্জিনত এখনকৈ, মুঠ তিনিখন প্ৰ'পেলাৰ আছিল। বাহিৰৰ ফালে থকা প্ৰ'পেলাৰখন আটাইতকৈ ডাঙৰ আছিল। ব্যাসৰ প্ৰ'পেলাৰখন তিনিখন ব্লেডৰ দ্বাৰা গঠিত আছিল। এই ব্লেডসমূহ মেংগানিজ-ব্ৰঞ্জৰ মিশ্ৰ ধাতুৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। মাজত থকা প্ৰ'পেলাৰখনৰ ব্যাস আছিল আৰু ই বাকীসমূহতকৈ অলপ সৰু আছিল। ইয়াক বন্ধ কৰি থ'ব পৰা গৈছিল যদিও কৰিব পৰা নগৈছিল। সেই সময়ত টাইটানিকৰ বৈদ্যুতিক প্ৰকল্পটোয়ে এখন চহৰৰ এটা শক্তি প্ৰকল্পতকৈ বেছি শক্তি উৎপাদন কৰিব পৰা ক্ষমতা আছিল। জাহাজ খনৰ পিছ অংশত চাৰিটাকৈ ৪০০ কিল'ৱাটৰ 'বাষ্প-চালিত বৈদ্যুতিক জেনেৰেটৰ' আছিল। ইয়াৰ পৰাই জাহাজ খনত শক্তি যোগান ধৰা হৈছিল। ৩০ কিল'ৱাটৰ আন দুটা সহায়ক জেনেৰেটৰ জৰুৰীকালিন সময়ত ব্যৱহাৰৰ বাবে ৰখা আছিল। বৈদ্যুতিক যন্ত্ৰ সমূহৰ অৱস্থান জাহাজ খনৰ পিছ অংশত হোৱা হেতু ই ডুব যোৱাৰ কেই মিনিটমান আগলৈকে কাৰ্য্যক্ষম হৈ আছিল। কাৰিকৰী সুবিধাসমূহ জাহাজখনত দুটা 'বাষ্প-চালিত ইঞ্জিন' প্ৰতিষ্ঠা কৰা আছিল। ইয়াৰ যিকোনো এটা ইঞ্জিনহে জাহাজখনৰ পৰিচালনাত ব্যৱহাৰ কৰা হৈছিল। অন্যটো ইঞ্জিন বিকল্প হিচাপে ৰখা হৈছিল। টাইটানিক নিজৰ পানী-যোগান যন্ত্ৰৰ সৈতে সু-সজ্জিত আছিল। পানী গৰম কৰিব পৰা তথা সকলো স্থানতে এক জটিল নেটৱৰ্কৰ দ্বাৰা পানী যোগানৰ সুবিধা কৰা হৈছিল। ব্যৱহাৰ কৰিবলগীয়া সকলো পানী বন্দৰতে জাহাজখনত ভৰোৱা হৈছিল। তথাপি জৰুৰী অৱস্থাত সাগৰৰ লুণীয়া পানী শোধন কৰি ব্যৱহাৰ কৰাৰ ক্ষমতা আছিল। এই শোধন প্ৰক্ৰিয়াটো ফলপ্ৰসূ নাছিল কাৰণ ইয়াৰ ফলত ক্ষিপ্ৰতাৰে লৱণ জমা হৈছিল। প্ৰথম শ্ৰেণীৰ কোঠাসমূহত 'ইলেকট্ৰিক হিটাৰ' স্থাপন কৰি কোঠাসমূহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰা হৈছিল। টাইটানিকৰ সাঁকো খলপাৰ অনাতাঁৰ কক্ষ )ত ১.৫ কিল'ৱাট ক্ষমতাৰ দুটা অনাতাঁৰ টেলিগ্ৰাফ আছিল। ইয়াৰে এটা যন্ত্ৰ বাৰ্তা পঠিয়াবলৈ আৰু আনটো এটা 'শব্দ প্ৰতিৰোধী কক্ষ' )ত বাৰ্তা গ্ৰহণ কৰিবৰ বাবে ব্যৱহৃত হৈছিল। জাহাজখনৰ 'মাস্তুল )ৰ মাজত দুডাল সমান্তৰাল তাঁৰৰ সহায়ত সংকেতসমূহ পঠোৱা হৈছিল। ধোঁৱাৰপৰা কোনো অসুবিধা নহ'বলৈ 'ফানেল' )ৰ ওপৰত এই তাঁৰ দুডাল স্থাপন কৰা হৈছিল। সেই সময়ত এই প্ৰণালীটো বিশ্বৰ শক্তিশালী 'প্ৰণালী' সমূহৰ মাজত অন্যতম আছিল। ইয়াৰ দ্বাৰা ১,০০০মাইল দূৰলৈকে বাৰ্তা পঠিয়াব পৰা গৈছিল। ইয়াৰ স্বতাধিকাৰী আৰু পৰিচালনা কৰিছিল 'মাৰ্কনি কোম্পানী'য়ে জাহাজখন কাম-কাজত ব্যৱহাৰ কৰাৰ সলনি বিশেষকৈ যাত্ৰীসকলৰ ব্যৱহাৰৰ বাবেহে এই প্ৰণালীটো ব্যৱহাৰ কৰা হৈছিল। যাত্ৰীসকলৰ ৱায়াৰলেছ টেলিগ্ৰাম পঠিয়াব বা গ্ৰহণ কৰিবৰ বাবে মাৰ্কনি কোম্পানিৰ দুজন অনাতাঁৰ যন্ত্ৰচালক দিনটোৰ ২৪ ঘণ্টাই ব্যস্ত আছিল। ইয়াৰ উপৰিও তেওঁলোকে বতৰৰ প্ৰতিবেদন আৰু আইচবাৰ্গৰ সতৰ্কবাণী পঠিয়াইছিল। যাত্ৰীৰ সুবিধাসমূহ টাইটানিক যাত্ৰীসকলক সৰ্ব্বোচ্চতম মান-দণ্ডৰ বিলাসীতা প্ৰদান কৰাই ইয়াৰ মূল উদ্দেশ্য আছিল। জাহাজখনত মুঠ ৩,৫৪৭ জন যাত্ৰী কঢ়িয়াই নিয়াৰ সুবিধা আছিল। ইয়াৰ ভিতৰত ৮৩৩ জন প্ৰথম শ্ৰেণীৰ যাত্ৰী, ৬১৪ জন দ্বিতীয় শ্ৰেণীৰ যাত্ৰী আৰু ১,০০৬জন তৃতীয় শ্ৰেণীৰ যাত্ৰীৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰোপৰি কৰ্মচাৰীৰ সংখ্যা প্ৰায় ন শতাধিক আছিল। টাইটানিকৰ জাহাজখনৰ মূল সজ্জাত সৰ্বমুঠ ৩,৩৩৯জন যাত্ৰী কঢ়িয়াব পৰা ক্ষমতা আছিল। ইয়াৰ সুবিধা সমূহ সমকালীন উচ্চ শ্ৰেণীৰ হোটেলৰ দৰে প্ৰদৰ্শিত কৰা হৈছিল। প্ৰথম শ্ৰেণীৰ কুঠৰীবিলাক সাম্ৰাজ্য শৈলী ৰ দৰে নিখুঁতকৈ সমাপ্ত কৰি আটক ধুনীয়াকৈ সজ্জিত কৰা হৈছিল। জাহাজৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ কুঠৰী আৰু ৰাজহুৱা কক্ষসমূহ 'পুনৰুত্থান সময়' ৰপৰা 'ভিক্ট'ৰিয়ান শৈলী' )ৰ সহায়ত আটকধুনীয়াকৈ সজ্জিত কৰি তোলা হৈছিল। টাইটানিকৰ সুবিধাসমূহৰ মূল উদ্দেশ্য আছিল যাত্ৰীসকলক সৰ্ব্বোচ্চতম মান-দণ্ডৰ বিলাসীতা প্ৰদান কৰা। যাত্ৰীসকলৰ মাজত এনে ভাৱ উদয় হয় যেন তেওঁলোক জাহাজত নহয় এখন ওপঙা হোটেলতহে আছে। ডাক আৰু বয়-বস্তু কঢ়িওৱা সুবিধা যদিও টাইটানিক সাধাৰণতে এখন যাত্ৰী-পৰিবাহী জাহাজ আছিল, ই লগত বুজন পৰিমাণৰ বয়-বস্তু কঢ়িয়াই নিছিল। ইয়াক 'ৰাজকীয় ডাক জাহাজ' ৰূপে নিযুক্তি দিয়া হৈছিল। ই ইয়াকে সূচায় যে 'ৰাজকীয় ডাক' আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডাক বিভাগৰ লগত চুক্তিবদ্ধ হৈ চিঠি সমূহ কঢ়িয়াইছিল। ২৬,৮০০ বৰ্গফুট (৭৬০ বৰ্গমিটাৰ)ৰ এক বিশাল এলেকা চিঠি আৰু পাৰ্চেল সঞ্চয়ৰ বাবে সুকীয়াকৈ আৱণ্টন কৰা আছিল। 'জি খলপা' ত থকা এই সামুদ্ৰিক ডাকঘৰটো পাঁচজন 'পোষ্টেল ক্লাৰ্ক' তিনি জন আমেৰিকান আৰু দুজন ব্ৰিটেইনৰ অধিবাসীয়ে সঞ্চালন কৰিছিল। তেওঁলোকে দৈনিক তেৰ ঘণ্টাকৈ কাম কৰিছিল। তেওঁলোকে দৈনিক ৬০,০০০ বিধ বস্তুলৈকে ভাগ কৰিছিল। জাহাজখনৰ যাত্ৰীসকলে বুজন পৰিমাণৰ বয়-বস্তু লগত লৈ আহিছিল। প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বয়-বস্তুৱেই ৰ ঠাই আগুৰি আছিল। ইয়াৰ উপৰিও আচবাব, খাদ্য-সামগ্ৰী আৰু মটৰ-গাড়ীৰ দৰে সামগ্ৰীও জাহাজখনত কঢ়িওৱা হৈছিল। ইয়াত সোণ, হীৰা বা আন কোনোধৰণৰ দামী সামগ্ৰী লগত নিয়া হোৰা নাছিল। বয়-বস্তু উঠা-নমা কৰিবৰ বাবে টাইটানিকত আঠটা ইলেকট্ৰিক ক্ৰেন, চাৰিটা ইলেকট্ৰক আৰু তিনিটা আছিল। অনুমান কৰা হৈছে যে, বয়-বস্তু উঠা-নমা কৰিবলৈ, জাহাজখনত উত্তাপ আৰু বিদ্যুৎ যোগান ধৰিবৰ বাবে প্ৰায় ৪১৫ টন কয়লা ব্যৱহাৰ কৰা হৈছিল। লাইফব'ট টাইটানিকে সৰ্বমুঠ ২০খন লাইফব'ট কঢ়িয়াই নিছিল। ১৪খন 'হাৰলেণ্ড আৰ প্ৰতিখনত ৬৫জন যাত্ৰী বহন কিব পৰা ক্ষমতা আছিল। চাৰিখন 'ইংগ'লহাৰ্ড( )'ৰ জপাব আৰু মেলিব পৰা লাইফব'ট ৰপৰা লৈ চিহ্নিত): প্ৰতিখনত ৪৭জন যাত্ৰী বহন কৰিব পৰা ক্ষমতা আছিল। ইয়াৰ উপৰিও দুটাকৈ 'জৰুৰীকালীন আছিল। প্ৰতিখনৰে বহন ক্ষমতা আছিল ৪০জন। টাইটানিকে ১৯১১-১২ বৰ্ষত লগত কোনো জপাব আৰু মেলিব পৰা লাইফব'ট ৰপৰা লৈ চিহ্নিত) নিয়া নাছিল। এই সকলোবোৰ লাইফব'ট 'ব'ট )'ত নিৰাপদে ঠাঁহ কৰি ৰখা হৈছিল। নিৰ্মাণ আৰু সজোৱা নিৰ্মাণ কাৰ্য্য আৰু ইয়াৰ মুকলি টাইটানিকৰ নিৰ্মাণ কাৰ্য্য '১৯০৯ চনৰ ৩১ মাৰ্চ' তাৰিখে আৰম্ভ কৰা হৈছিল। ইয়াক নিৰ্মাণ কৰিবলৈ সুদীৰ্ঘ ২৬ মাহ সময় লাগিছিল। প্ৰয়োজন সাপেক্ষে প্ৰচুৰ পৰিমাণৰ বাকচ পানীত উপঙি থকাকৈ ঘূৰণীয়াকৈ বন্ধা হৈছিল। জাহাজ খনৰ ইয়াৰ মেৰুদণ্ড আৰু )'ৰ গাঁথনি সমূহে )ৰ নিছিনা কাম কৰিছিল। জাহাজখনৰৰ ভেটিটো ৫ ফুট ৬ ইঞ্চি(১.৬০ মিটাৰ) দৈৰ্ঘ্যৰ 'দ্বৈত-গভীৰে' ৩০০টা গাঁথনি ধৰি ৰাখিছিল। প্ৰতিটোৰ মাজত ২৪ ইঞ্চি(৬১ ছেঃমিঃ) আৰু ৩৬ ইঞ্চি(৯১ ছেঃমিঃ) খালী অংশ আছিল আৰু দৈৰ্ঘতা প্ৰায় ৬৬ ফুট(২০মিটাৰ) লৈকে আছিল। এইবিলাক সাঁকো )লৈকে আছিল আৰু 'ষ্টিল প্লেট'ৰ সৈতে আৱৰিত আছিল। এই আৱৰণে জাহাজ খনৰ বাহিৰৰ )খন গঠিত কৰিছিল। টাইটানিক জাহাজ খনৰ অভ্যন্তৰীণ অংশক মূলতঃ ১৬টা )'ত ভাগ কৰা হৈছিল। ১১খন পানী প্ৰতিৰোধী দুৱাৰ জৰুৰীকালিন সময়ত উলম্ব দিশত বন্ধ কৰি থ'ব পৰা গৈছিল। জাহাজখনৰ উন্মুক্ত খলপা সমূহ আৰু )ৰ দ্বাৰা নিৰ্মিত আছিল। অভ্যন্তৰীণ )'সমূহ ঘনীভৱন বিৰোধিতা কৰিব পৰাকৈ আৱৰিত আছিল। এই বিশাল জাহাজখন দুটা খলপাৰে গঠিত 'সমুদ্ৰৰ প্ৰমোদৰ আৰু 'ব'ট দুয়োটা খলপাৰ দৈৰ্ঘ্য প্ৰায় ৫০০ ফুট(১৫০ মিটাৰ) আছিল। ইয়াত 'বিষয়াসকলৰ 'আৱাসগৃহ', ব্যায়ামাগাৰ, 'ৰাজহুৱা কক্ষ', 'প্ৰথম শ্ৰেণীৰ কোঠা', 'সাঁকো' আৰু' আছিল। লাইফ-ব'ট সমূহ 'ব'ট )'ত কঢ়িয়াই নিয়া হৈছিল। =47} খলপা সমূহৰ ওপৰত চাৰিটা আছিল। ইয়াৰে তিনিটাহে কাৰ্যক্ষম আছিল আৰু আনটো প্ৰতিমূৰ্তিহে আছিল। এইটো সৌন্দৰ্য্যবোধৰ বাবে প্ৰতিষ্ঠাপিত কৰা হৈছিল। দুটা )'ৰ উচ্চতা ১৫৫ ফুট (৪৭ মিটাৰ) আছিল। দুয়োটা মাস্তুলে বয়-বস্তু তুলিবলৈ সমূহক সহযোগিতা কৰিছিল। টাইটানিকৰ নিৰ্মাণ কাৰ্য্য দুঃসাধ্য আৰু বিপজ্জনক আছিল। সেই সময়ত 'হাৰলেণ্ড আৰু )'ত কাম কৰা প্ৰায় ১৫,০০০ লোকৰ সুৰক্ষা বাবে সতৰ্কতা তেনেই প্ৰাৰম্ভিক পৰ্য্যায়ৰ আছিল। বহুতো কাম বিপজ্জনক আছিল তাত আৰু কোনো আহিলা সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হোৱা নাছিল। টাইটানিকৰ নিৰ্মাণ কাৰ্য্যত, ২৪৬ জন লোক আঘাতপ্ৰাপ্ত হৈছিল। ইয়াৰে ২৮ জনৰ আঘাত গুৰুতৰ আছিল। নিৰ্মাণ কাৰ্য্য চলি থাকোঁতে ৬জন লোক আৰু আন দুজন লোক মৃত্যুমুখত পৰিছিল। জাহাজখন মুকলি কৰাৰ আগ মুহূৰ্তত অন্য এজন কৰ্মীৰ ওপৰত এটুকুৰা কাঠ পৰাত তেওঁৰ মৃত্যু হৈছিল। টাইটানিকক ১৯১১ চনৰ ৩১ মে' তাৰিখে মুকলি কৰি দিয়া হৈছিল প্ৰায় ১,০০,০০০ লোকৰ প্ৰত্যক্ষদৰ্শী আগত। ইয়াৰ পিছত পৰৱৰ্তী বৰ্ষত ইয়াৰ ইঞ্জিন, চিমনি আৰু আভ্যন্তৰিণ ভাগটো নিৰ্মাণ কৰা হৈছিল। পৰীক্ষণ টাইটানিকৰ পৰীক্ষণ ১৯১২ চনৰ ২ এপ্ৰিল সোমবাৰে পুৱা ৬ বজাত শুভাৰম্ভ কৰা হৈছিল। এই পৰীক্ষণ ইয়াৰ নিৰ্মাণ কাৰ্য্য সমাপ্তিৰ দুদিন পাছত আৰু চাউথএম্পটনৰ পৰা প্ৰথম যাত্ৰা আৰম্ভ কৰাৰ আঠ দিন পূৰ্বে কৰা হৈছিল। বেয়া বতৰৰ বাবে ইয়াৰ পৰীক্ষণ এদিন পলমকৈ কৰা হৈছিল। কিন্তু সোমবাৰৰ পুৱাৰ ভাগত বতৰ ফৰকাল আছিল। ডুব যোৱাৰ পৰিণাম জীৱিত আৰু পীড়িত লোকসকল বিভিন্ন কাৰণত এই দুৰ্ঘটনাটোত হতাহত হোৱা লোকৰ সাংখ্যা সঠিককৈ জনা নাযায়। টাইটানিকে যাত্ৰা আৰম্ভ কৰাৰ আগমুহূৰ্তত যিসকল যাত্ৰীয়ে নিজৰ যাত্ৰা বাতিল কৰিছিল, তেওঁলোকৰ নামো যাত্ৰীসকলৰ তালিকাত সন্নিৱিষ্ট হৈ আছিল। আনটো কাৰণ হৈছে কিছু সংখ্যক যাত্ৰীয়ে বিভিন্ন কাৰণত ছদ্মনামত যাত্ৰা কৰিছিল। মৃতকৰ লোকৰ সংখ্যা ১,৪৯০ আৰু ১,৬৩৫ ৰ ভিতৰত ধৰা যায়। তলৰ তালিকাখন ব্ৰিটিছ ব'ৰ্ড অফ ট্ৰেড-এ দুৰ্ঘটনাৰ তদন্তৰ প্ৰতিবেদন হিচাবে দাখিল কৰিছিল। গেলেৰী টোকা তথ্য সংগ্ৰহ গ্ৰন্থপঞ্জী বাহ্যিক সংযোগ 1912 24 2011 1997. 1912 1912 1912 100 100
76781
https://as.wikipedia.org/wiki/%E0%A6%9B%E0%A6%BF%E0%A6%B2%E0%A6%AD%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%AA%E0%A7%8D%E0%A6%B2%E0%A6%BE%E0%A6%A5
ছিলভিয়া প্লাথ
ছিলভিয়া প্লাথ জন্ম: ২৭ অক্টোবৰ, ১৯৩২; মৃত্যু: ১১ ফেব্ৰুৱাৰী, ১৯৬৩) এগৰাকী আমেৰিকান কবি, ঔপন্যাসিক আৰু চুটি গল্প লেখক। কবিতাৰ মাধ্যমেৰে কনফেচনেল পয়েট্ৰিৰ ধাৰাটো আগবঢ়াই নিয়াৰ বাবে প্লাথক বিশেষ শ্ৰেয় প্ৰদান কৰা হয়। প্লাথ তেওঁৰ প্ৰকাশিত কাব্য-সংকলন দ্য ক’ল’চাছ এণ্ড আডাৰ (১৯৬০) আৰু এৰিয়েল (১৯৬৫)ৰ লগতে তেওঁৰ চুটি আত্মজীৱনীমূলক উপন্যাস দ্য বেল ঝাৰৰ বাবে প্ৰসিদ্ধ, যিখন ১৯৬৩ চনত তেওঁৰ মৃত্যু হোৱাৰ ঠিক আগে আগে প্ৰকাশ হৈছিল। পূৰ্বতে অপ্ৰকাশিত লেখাসমূহৰ অন্তৰ্ভুক্তিৰে দ্য কলেক্টেড পয়েম প্ৰকাশ হৈছিল ১৯৮১ চনত। এই সংকলনখনৰ বাবে প্লাথে ১৯৮২ চনত পুলিৎজাৰ বঁটাৰে পুৰস্কৃত হৈছিল। মৰণোত্তৰভাৱে এই বঁটা লাভ কৰা প্লাথ হৈছে চতুৰ্থগৰাকী ব্যক্তি। মাচাচুচেটছৰ বষ্টনত প্লাথে জন্মগ্ৰহণ কৰিছিল আৰু অধ্যয়ন কৰিছিল স্মিথ কলেজ আৰু কেমব্ৰিজৰ নিউনহাম কলেজ, ইংলেণ্ডত। তেওঁ ১৯৫৬ চনত সহকবি টেড হিউজক বিয়া কৰায় আৰু তেওঁলোকে একেলগে আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু তাৰ পিছত ইংলেণ্ডত বাস কৰে। তেওঁলোকৰ সম্পৰ্ক অশান্ত আছিল আৰু তেওঁৰ চিঠিবোৰত প্লাথে স্বামীৰ হাতেৰে উৎপীড়নৰ অভিযোগ উত্থাপন কৰিছিল। ১৯৬২ চনত পৃথক হোৱাৰ আগতে, তেওঁলোক দুটি সন্তানৰ পিতৃ-মাতৃ হৈছিল। প্ৰাপ্তবয়স্ক জীৱনৰ বেছিভাগ সময় প্লাথ ক্লিনিকেলী ডিপ্ৰেছড (হতাশাগ্ৰস্ত) আছিল আৰু ইলেক্ট্ৰক’নভালচিভ থেৰাপীৰে তেওঁক বহুবাৰ চিকিৎসা প্ৰদান কৰা হৈছিল। ১৯৬৩ চনত প্লাথে আত্মহনন কৰে। ব্যক্তিগত জীৱন তথা কৰ্মজীৱন জীৱনৰ প্ৰথমছোৱা ১৯৩২ চনৰ ২৭ অক্টোবৰত মাচাচুচেটছৰ বষ্টনত ছিলভিয়া প্লাথৰ জন্ম হৈছিল। তেওঁৰ মাতৃ অ’ৰেলিয়া স্কুবাৰ প্লাথ (১৯০৬-১৯৯৪) অষ্ট্ৰিয়ান বংশোদ্ভূত দ্বিতীয় প্ৰজন্মৰ আমেৰিকান আছিল আৰু তেওঁৰ দেউতাক অ’ট’ প্লাথ (১৮৮৫-১৯৪০) আছিল জাৰ্মানীৰ গ্ৰাবোৰৰ। অ’ট’ প্লাথ এজন পতঙ্গবিদ আছিল আৰু বষ্টন বিশ্ববিদ্যালয়ৰ জীৱ-বিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল। তেওঁ মৌমাখি প্ৰজাতিৰ বাম্বলবী পতংগৰ বিষয়ে এখন কিতাপ লিখিছিল। ১৯৩৫ চনৰ ২৭ এপ্ৰিলত, প্লাথৰ ভায়েক ৱাৰেনৰ জন্ম হয়। ১৯৩৬ চনত পৰিয়ালটো মাচাচুচেটছৰ জামাইকা প্লেইনৰ ২৪ প্ৰিন্স ষ্ট্ৰীটৰ পৰা ৯২ জনছন এভিনিউ, ৱিনথ্ৰপলৈ স্থানান্তৰিত হয়। ৱিনথ্ৰপত থাকোঁতেই, আঠ বছৰ বয়সত বষ্টন হেৰাল্ডৰ শিশু শাখাত প্লাথৰ প্ৰথমটো কবিতা প্ৰকাশ হয়। পৰৱৰ্তী কেইবছৰমানত আঞ্চলিক আলোচনী আৰু বাতৰি কাকতত প্লাথৰ একাধিক কবিতা প্ৰকাশ পায়। ১১ বছৰ বয়সত প্লাথে এখন আলোচনী ৰাখিবলৈ আৰম্ভ কৰে। লিখাৰ উপৰিও, এগৰাকী শিল্পী হিচাপেও প্লাথৰ সম্ভাৱনীয়তা প্ৰকাশ পাইছিল; ১৯৪৭ চনত স্কলাষ্টিক আৰ্ট এণ্ড ৰাইটিং এৱাৰ্ডছৰ পৰা প্লাথ তেওঁৰ চিত্ৰসমূহৰ বাবে পুৰস্কৃত হয়। তেওঁৰ তৰুণ বয়সত প্লাথ উচ্চাভিলাষাৰে সফলতাৰ দিশে ধাৱিত হৈছিল। প্লাথৰ আই কিউ আছিল প্ৰায় ১৬০। ১৯৪০ চনৰ ৫ নৱেম্বৰ তাৰিখে, প্লাথৰ আঠ বছৰীয়া জন্মদিনৰ পাছত তেওঁৰ দেউতাক অ’ট’ প্লাথৰ মৃত্যু হয়। দেউতাকৰ মৃত্যুৰ পাছত প্লাথৰ বিশ্বাস দোলায়িত হ’বলৈ আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী গোটেই জীৱনকালছোৱা প্লাথে ধৰ্ম সম্পৰ্কে দ্বিধাগ্ৰস্ততা প্ৰকাশ কৰিছিল। দেউতাকৰ কবৰ দৰ্শনৰ পাছত প্লাথে তেওঁৰ কবিতাটো লিখি উলিয়াইছিল। স্বামীৰ মৃত্যুৰ পিছত, ১৯৪২ চনত, দুয়োটা সন্তান আৰু পিতৃ-মাতৃ সহ অ’ৰেলিয়া ২৬ এলমউড ৰোড, ৱেলেছলী, মাচাচুচেটছলৈ গুচি আহিছিল। ইয়াৰপৰাই ১৯৫০ চনত ছিলভিয়াই হাইস্কুলীয়া শিক্ষা সাং কৰে। কলেজীয়া দিনবোৰ আৰু হতাশা ১৯৫০ চনত ছিলভিয়া মাচাচুচেটছৰ স্মিথ কলেজত ভৰ্তি হয়। স্মিথ কলেজ আছিল এখন ব্যক্তিগত, লিবাৰেল মহিলা কলা মহাবিদ্যালয়। প্লাথ এগৰাকী চোকা ছাত্ৰী আছিল। স্মিথত থাকোঁতে, তেওঁ লৰেন্স হাউচত বাস কৰিছিল, তেওঁ থকা পুৰণি কোঠাৰ বাহিৰত এতিয়াও এখন ফলক পোৱা যায়। প্লাথে দ্য স্মিথ ৰিভিউ সম্পাদনা কৰিছিল। কলেজৰ তৃতীয় বৰ্ষৰ পিছত, মেডমোইচেল আলোচনীত অতিথি সম্পাদক হিচাপে প্লাথক এক আকাংক্ষিত পদবী প্ৰদান কৰা হয়, যাৰ বাবে তেওঁ এমাহ নিউয়ৰ্কত অতিবাহিত কৰে। এই অভিজ্ঞতাটো ছিলভিয়াৰ বাবে অনাকাংক্ষিত আছিল, আৰু সেই গ্ৰীষ্মৰ কালছোৱাত সংঘটিত হোৱা বহুতো ঘটনা পিছলৈ তেওঁ তেওঁৰ উপন্যাস দ্য বেল ঝাৰত উল্লেখ কৰিছে। সম্পাদকে ৱেলছ কবি ডিলান থমাছৰ সৈতে আয়োজন কৰা এখন বৈঠকত তেওঁ উপস্থিত নথকাৰ বাবে প্লাথৰ বৰ খং উঠিছিল- থমাছ হৈছে সেইগৰাকী লেখক যাক ছিলভিয়াই তেওঁৰ "জীৱনতকৈও বেছি" ভাল পাইছিল। থমাছক লগ পোৱাৰ আশাত প্লাথ দুদিন তেওঁ থকা হোৱাইট হৰ্ছ টেভাৰ আৰু চেলচি হোটেলৰ চাৰিওফালে ঘূৰি ফুৰিছিল, কিন্তু থমাছ ইতিমধ্যে ঘৰলৈ গুচি গৈছিল। কেইসপ্তাহমানৰ পিছত, প্লাথে নিজকে হত্যা কৰিবলৈ পৰ্যাপ্ত "সাহস" আছে নে নাই চাবলৈ নিজৰ ভৰি দুখন কাটি পেলাইছিল। এই সময়ছোৱাত তেওঁক হাৰ্ভাৰ্ড লিখন চক্ৰৰ আলোচনাত )ত অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিল। হতাশাৰ বাবে ইলেক্ট্ৰক’নভালচিভ থেৰাপীৰ প্ৰদানৰ পাছত, প্লাথে ১৯৫৩ চনৰ ২৪ আগষ্টত তেওঁৰ মাকৰ টোপনিৰ দৰৱ খাই আত্মহত্যাৰ চেষ্টা কৰিছিল, এইটো হৈছে চিকিৎসাগতভাৱে নথিভুক্ত হোৱা প্লাথৰ প্ৰথমটো আত্মহত্যাৰ প্ৰচেষ্টা। পৰৱৰ্তী ছয় মাহ তেওঁ মানসিক চিকিৎসালয়ত অতিবাহিত কৰিছিল, য’ত তেওঁক অধিক বৈদ্যুতিক আৰু ইনচুলিন শ্বক দিয়া হৈছিল। মেকলিন চিকিৎসালয়ত তেওঁৰ থকাৰ খৰছ আৰু তেওঁৰ স্মিথ স্ক'লাৰশ্বিপ ‘অলিভ হিগিন্স প্ৰুটি’য়ে পৰিশোধ কৰিছিল, যি নিজে মানসিক ভাঙনৰ পৰা সফলতাৰে আৰোগ্য লাভ কৰিছিল। প্লাথে আৰোগ্য লাভ কৰা যেন ভাৱ হোৱাত মহাবিদ্যালয়লৈ উভতি আহিছিল। ১৯৫৫ চনৰ জানুৱাৰী মাহত প্লাথে তেওঁৰ গৱেষণাপত্ৰ জমা দিয়ে আৰু জুন মাহত তেওঁ স্মিথৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। নিউনহাম কলেজত পঢ়িবলৈ তেওঁ ফুলব্ৰাইট ছাত্ৰবৃত্তি লাভ কৰিছিল, এই কলেজখন ইংলেণ্ডৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত কেৱল মহিলাৰ বাবে থকা দুখন কলেজৰ এখন আছিল- য’ত প্লাথে সক্ৰিয়তাৰে কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। ছাত্ৰসমাজৰ সংবাদপত্ৰ ভাৰ্চিটিত এইবোৰ প্ৰকাশ হৈছিল। নিউনহামত প্লাথে দৰথী ক্ৰুকৰ সৈতে অধ্যয়ন কৰিছিল। দৰথীক তেওঁ বৰ সন্মানৰ চকুৰে চাইছিল। শীত আৰু গ্ৰীষ্মৰ চুটিবোৰ ছিলভিয়াই ইউৰোপৰ চতুৰ্দিশে ভ্ৰমণ কৰি পাৰ কৰিছিল। বিবাহ আৰু কৰ্মজীৱন ১৯৫৬ চনৰ ২৫ ফেব্ৰুৱাৰীত প্লাথে তেওঁৰ স্বামী কবি টেড হিউজক প্ৰথমবাৰৰ বাবে লগ পায় আৰু একে বছৰৰে ১৬ জুন তাৰিখে তেওঁলোক বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ পাছত দ্বিতীয় বৰ্ষৰ অধ্যয়নৰ বাবে প্লাথ নিউনহামলৈ উভতি আহে। ১৯৫৭ চনত প্লাথ আৰু হিউজ আমেৰিকা যুক্তৰাজ্যলৈ আহে আৰু প্লাথে তেওঁ অধ্যয়ন কৰা স্মিথ কলেজত অধ্যাপক হিচপে যোগদান কৰে। কিন্তু অধ্যাপনাৰ সমান্তৰালকৈ লিখিবলৈ সময় আৰু শক্তি গোটাবলৈ লৈ প্লাথ অসুবিধাত পৰে আৰু ১৯৫৮ চনৰ মধ্যভাগত পৰিয়ালটো বষ্টনলৈ যায়। তাতে ছিলভিয়াই মাচাচুচেটছৰ এখন সাধাৰণ চিকিৎসালয়ৰ মনোৰোগ বিভাগৰ ৰিচেপচনিষ্ট হিচাপে চাকৰি কৰে আৰু সন্ধিয়া কবি ৰবাৰ্ট ল’ৱেলৰ সৃষ্টিশীল লেখনিৰ আলোচনা চক্ৰসমূহত অংশগ্ৰহণ কৰিবলৈ লয়। এই আলোচনা চক্ৰসমূহত লেখক এন ছেক্সটন আৰু জৰ্জ ষ্টাৰ্বাকো উপস্থিত আছিল। ল’ৱেল আৰু ছেক্সটন দুয়োজনে প্লাথক তেওঁৰ অভিজ্ঞতাৰ পৰা লিখিবলৈ উৎসাহিত কৰিছিল আৰু প্লাথে তাকেই কৰিছিল। প্লাথে ল’ৱেলৰ সৈতে হতাশা আৰু ছেক্সটনৰ সৈতে নিজৰ আত্মহত্যাৰ প্ৰচেষ্টাৰ বিষয়ে মুকলিকৈ আলোচনা কৰিছিল। ফলত তেওঁ বেছিকৈ মহিলাৰ দৃষ্টিকোণৰ পৰা লিখিবলৈ লৈছিল আৰু নিজকে প্ৰকৃত, মনোযোগী কবি আৰু চুটি গল্প লেখক হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰিছিল। এই সময়তে প্লাথ আৰু হিউজে প্ৰথমে কবি ডব্লিউ এছ মাৰ্উইনক লগ পায়, যি তেওঁলোকৰ কামৰ প্ৰশংসা কৰে আৰু আজীৱন তেওঁলোকৰ বন্ধু হৈ থাকে। প্লাথে ডিচেম্বৰত ৰুথ বিউচাৰৰ সৈতে কাম কৰি মনোবিশ্লেষণমূলক চিকিৎসা পুনৰ আৰম্ভ কৰে। প্লাথ আৰু হিউজে ১৯৫৯ চনৰ শেষৰ ফালে নিউয়ৰ্কৰ চাৰাটোগা স্প্ৰিংছৰ য়াডো শিল্পী কলনীত থাকি কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল। প্লাথে কৈছে যে, ইয়াতেই তেওঁ ‘তেওঁৰ আশ্বৰ্যজনক সত্বাৰ প্ৰতি ন্যায় কৰিবলৈ’ শিকিলে, কিন্তু তথাপি তেওঁ নিজৰ অত্যন্ত ব্যক্তিগত কথাবোৰ স্বীকাৰোক্তিমূলকভাৱে লিখিবলৈ লৈ চিন্তাত পৰিছিল। দম্পতীহাল ১৯৫৯ চনৰ ডিচেম্বৰ মাহত ইংলেণ্ডলৈ ঘূৰি আহে আৰু ৰিজেন্টপাৰ্কৰ প্ৰাইমৰোজ হিল অঞ্চলৰ ওচৰৰ ৩ চালকট স্কোৱেৰত, লণ্ডনত বাস কৰে, ইয়াত থকা এখন ইংৰাজী হেৰিটেজ ফলকে প্লাথৰ বাসস্থানক সূচায়। ১৯৬০ চনৰ ১ এপ্ৰিলত তেওঁলোকৰ ছোৱালী ফ্ৰিডাৰ জন্ম হয় আৰু অক্টোবৰত প্লাথৰ প্ৰথমটো কবিতা সংকলন দ্য কলচছ প্ৰকাশ হয়। ১৯৬১ চনৰ ফেব্ৰুৱাৰী মাহত প্লাথে দ্বিতীয়বাৰ গৰ্ভধাৰণ কৰে যদিও তেওঁৰ গৰ্ভপাত হয়। এই অভিজ্ঞতাক লৈ তেওঁ "কে ধৰি কেইবাটাও কবিতা লিখিছে। তেওঁৰ মনোৰোগ বিশেষজ্ঞলৈ লিখা এখন চিঠিত প্লাথে লিখিছে যে, গৰ্ভপাতৰ আগতে হিউজে দুদিন তেওঁৰ ওপৰত শাৰিৰীক আতিশায্য চলাইছিল। আগষ্ট মাহত তেওঁ তেওঁৰ অৰ্ধ-আত্মজীৱনীমূলক উপন্যাস দ্য বেল ঝাৰ সমাপ্ত কৰে আৰু ইয়াৰ লগে লগে পৰিয়ালটো ডেভনৰ সৰু বজাৰ চহৰ উত্তৰ টাৱটনৰ ক’ৰ্ট গ্ৰীণ লৈ যায়। ইয়াতে ১৯৬২ চনৰ জানুৱাৰীত তেওঁলোকৰ পুত্ৰ সন্তান নিকোলাছ হিউজৰ জন্ম হয়। ১৯৬২ চনৰ মাজভাগত প্লাথ আৰু হিউজে মৌপালন কৰিবলৈ আৰম্ভ কৰিছিল, যি প্লাথৰ অনেক কবিতাৰ বিষয়। ১৯৬২ চনৰ জুলাই মাহত প্লাথে আৱিষ্কাৰ কৰে যে হিউজৰ এছিয়া ৱেভিলৰ সৈতে সম্পৰ্ক আছে; আৰু ছেপ্টেম্বৰত প্লাথ আৰু হিউজ পৃথক হয়। ১৯৬২ চনৰ অক্টোবৰ মাহৰ পৰা প্লাথে নিজৰ মাজতে সৃষ্টিশীলতাৰ এক বৃহৎ বিস্ফোৰণ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল আৰু বেছিভাগ কবিতা লিখিছিল; যাৰ ওপৰত তেওঁৰ খ্যাতি এতিয়া নিৰ্ভৰশীল। মৰণোত্তৰ ভাৱে প্ৰকাশ পোৱা তেওঁৰ কবিতা সংকলন এৰিয়েলৰ কমেও ২৬ টা কবিতা তেওঁ তেওঁৰ জীৱনৰ অন্তিম মাহবোৰত লিখিছিল। ১৯৬২ চনৰ ডিচেম্বৰ মাহত, তেওঁ দুয়োটি সন্তানৰ সৈতে অকলে লণ্ডনলৈ উভতি আহে, আৰু পাঁচ বছৰৰ লীজত, ২৩ ফিটজৰয় ৰোডৰ এটা ফ্লেট ভাড়ালৈ লয়। উইলিয়াম বাটলাৰ ইয়েটছ এসময়ত ঘৰটোত বাস কৰিছিল। প্লাথে এই সত্যটোৰ দ্বাৰা সন্তুষ্ট হৈছিল আৰু ইয়াক এটা শুভ লক্ষণ বুলি গণ্য কৰিছিল। ১৯৬২-৬৩ চনৰ শীতকালৰ সময়ছোৱাত প্লাথে পুনৰ হতাশাত ভুগিবলৈ আৰম্ভ কৰিছিল। কিন্তু তথাপি তেওঁ তেওঁৰ কবিতাৰ সংকলনটো লিখি শেষ কৰিছিল, যিটো ১৯৬৫ চনত ইংলেণ্ডত আৰু ১৯৬৬ চনত আমেৰিকাত মৰণোত্তৰ ভাৱে প্ৰকাশ পাইছিল। ১৯৬৩ চনৰ জানুৱাৰী মাহত ভিক্টোৰিয়া লুকাস ছদ্মনামেৰে প্লাথৰ একমাত্ৰ উপন্যাস দ্য বেল ঝাৰ প্ৰকাশ হৈছিল আৰু সমালোচনামূলক উদাসীনতাৰ সন্মুখীন হৈছিল। হতাশগ্ৰস্ত শেষ দিনবোৰ আৰু মৃত্যু মৃত্যুৰ আগতে প্লাথে নিজৰ জীৱন ল'বলৈ কেইবাবাৰো চেষ্টা কৰিছিল। ১৯৫৩ চনৰ ২৪ আগষ্টত তেওঁ অধিক পৰিমানত টোপনিৰ দৰৱ সেৱন কৰিছিল,তাৰ পিছত, ১৯৬২ চনৰ জুন মাহত তেওঁ নিজৰ গাড়ীখন ৰাস্তাৰ কাষৰ পৰা নদীলৈ লৈ গৈছিল, যিটো পিছত তেওঁ নিজৰ জীৱন লোৱাৰ এটা প্ৰয়াস আছিল বুলি কৈছিল। ১৯৬৩ চনৰ জানুৱাৰী মাহত প্লাথে তেওঁৰ চিকিৎসক আৰু ঘনিষ্ঠ বন্ধুৰ জন হৰ্ডাৰৰ সৈতে কথা পাতিছিল। তেওঁ হৰ্ডাৰৰ সৈতে ছয় বা সাত মাহ ধৰি তেওঁ সমুখীন হোৱা হতাশাৰ অভিজ্ঞতাৰ কথা আলোচনা কৰিছিল। যদিও বেছিভাগ সময় কাম কৰি থাকিবলৈ প্লাথ সক্ষম হৈছিল, তেওঁৰ হতাশাই অধিক গুৰুতৰ ৰূপ লৈছিল, নিজৰ সৈতে তেওঁৰ নিৰন্তৰ আন্দোলন চলিছিল, আত্মহত্যাৰ চিন্তা আহিছিল আৰু দৈনন্দিন জীৱনৰ সৈতে মোকাবিলা কৰিবলৈ প্লাথ অক্ষম হৈ পৰিছিল। প্লাথে অনিদ্ৰাৰ সৈতে যুঁজিছিল, টোপনি আহিবৰৰ বাবে ৰাতি দৰৱ খাইছিল আৰু প্ৰায়ে সোনকালে সাৰ পাইছিল। তেওঁৰ ওজন কমি আহিছিল আৰু প্ৰায় ২০ পাউণ্ড (৯ কিগ্ৰা) হেৰুৱাইছিল। কিন্তু তেওঁ নিজকে সজাই-পৰাই ৰাখিছিল আৰু বাহিৰত দোষী বা অযোগ্য অনুভৱ কৰাৰ কথা কোৱা নাছিল। হৰ্ডাৰে প্লাথক আত্মহত্যাৰ কেইদিনমান আগতে এণ্টি-ডিপ্ৰেচেণ্ট, একমনোমাইন অক্সিডেজ ইনহিবিটৰ দিছিল। দুটা সৰু ল'ৰা-ছোৱালীৰ সৈতে প্লাথ অকলে বিপদাশংকাত আছিল বুলি জানি তেওঁ প্লাথক দৈনিক সাক্ষাৎ কৰিছিল আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাবে কঠোৰ চেষ্টা কৰিছিল; বিফল হৈ তেওঁ লিভ-ইন নাৰ্ছৰ ব্যৱস্থা কৰিছিল। ভাষ্যকাৰসকলে যুক্তি দিছে যে যিহেতু এণ্টি-ডিপ্ৰেচেণ্ট কাৰ্যকৰী হ'বলৈ তিনি সপ্তাহলৈকে সময় লাগিব পাৰে, হৰ্ডাৰে দিয়া দৰৱসমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'বলৈ সময় নাপালে। ১৯৬৩ চনৰ ১১ ফেব্ৰুৱাৰীৰ ৰাতিপুৱা ন-বজাত, প্লাথক তেওঁৰ সন্তানৰ যত্ন ল'বলৈ সহায় কৰাৰ উদ্দেশ্যে নাৰ্চগৰাকী উপস্থিত হয় যদিও তেওঁ প্লাথৰ ফ্লেটত সোমাব নোৱাৰিলে অৱশেষত চাৰ্লছ লেংগ্ৰিজ নামৰ এজন কৰ্মীৰ সহায়ত ঘৰৰ ভিতৰ সোমাই তেওঁলোকে প্লাথক তেওঁৰ মূৰটো অভেনত থৈ মৃত অৱস্থাত পাইছিল, প্লাথ আৰু তেওঁৰ শুই থকা সন্তান দুটিৰ মাজৰ কোঠাবোৰ টেপ, টাৱেল আৰু কাপোৰেৰে বন্ধ কৰা আছিল।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ত্ৰিশ বছৰ। কৰ্মপঞ্জী কাব্য সংকলন দ্য ক’ল’চাছ এণ্ড আডাৰ (১৯৬০), এৰিয়েল (১৯৬৫), থ্ৰী ৱুমেন: আ ম’ন’ল’গ ফৰ থ্ৰী ভইচেচ (১৯৬৮, ক্ৰছিং দ্য ৱটাৰ (১৯৭১, ৱিণ্টাৰ ত্ৰীজ (১৯৭১, দ্য কলেক্টেড (১৯৮১, চিলেক্টেড (1985, এৰিয়েল: দ্য ৰিষ্ট'ৰড এডিচন (২০০৪, সংগৃহীত প্ৰৱন্ধ আৰু উপন্যাস 'দ্য বেল ঝাৰ, (উপন্যাস, ১৯৬৩, হ’ম: কৰেচপণ্ডেঞ্চ ১৯৫০-১৯৬৩ (১৯৭৫, ইউ এচ; ইউ কে) জ’নি পেনিক এণ্ড দ্য বাইবেল অৱ চৰ্ট ষ্ট’ৰিজ, প্ৰ’জ এণ্ড ডায়েৰি (১৯৭৭, দ্য অৱ ছিলভিয়া প্লাথ (১৯৮২, দ্য মেজিক মিৰ’ৰ (১৯৮৯), স্মিথ কলেজ চিনিয়ৰ থেচিছ (২০০০, দ্য অৱ ছিলভিয়া প্লাথ, প্ৰথম খণ্ড, (২০১৭, দ্য অৱ ছিলভিয়া প্লাথ, দ্বিতীয় খণ্ড, (২০১৮, মেৰী ভেঞ্চুৰা এণ্ড দ্য নাইনন্থ কিংডম (২০১৯, শিশু গ্ৰন্থ দ্য বেড বুক, (১৯৭৬) (১৯৯৬) মিচেছ চেৰীচ চেন (২০০১) কলেক্টেড ষ্ট’ৰিজ (২০০১) তথ্যসূত্ৰ বাহ্যিক সংযোগ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি আমেৰিকান লেখক পুলিৎজাৰ বঁটা বিজয়ী মৃত
74468
https://as.wikipedia.org/wiki/%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%87%E0%A6%AE%20%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%A4%20%E0%A6%A8%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A7%B0%20%E0%A6%B6%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE
ষ্টেম ক্ষেত্ৰত নাৰীৰ শিক্ষা
ষ্টেম অৰ্থাৎ শব্দটো ইংৰাজী ভাষাৰ বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত শব্দৰ প্ৰথম আখৰ অৰ্থাৎ 'ৰ পৰা 'ৰ পৰা 'ৰ পৰা আৰু 'ৰ পৰা লগ লগাই সৃষ্টি কৰা হৈছে। বহুতো পণ্ডিত আৰু নীতি নিৰ্ধাৰকে উল্লেখ কৰিছে যে বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিতৰ ক্ষেত্ৰসমূহ মুখ্যতঃ পুৰুষপ্ৰধান। অষ্টদশ শতিকাত জ্ঞানৰ যুগ আৰম্ভ হোৱাৰ লগতে এই ক্ষেত্ৰসমূহৰ উৎপত্তিৰ পিছৰে পৰা মহিলাসকলে ঐতিহাসিকভাৱে কম অংশগ্ৰহণ কৰিছে। পণ্ডিতসকলে ষ্টেম ক্ষেত্ৰত এই লিংগ বৈষম্যৰ নিৰন্তৰ অস্তিত্বৰ বিভিন্ন কাৰণ অন্বেষণ কৰি আহিছে। যিসকলে এই বৈষম্যক বৈষম্যমূলক শক্তিৰ ফলত বুলি ভাবে তেওঁলোকে ষ্টেম ক্ষেত্ৰৰ ভিতৰত এই বৈষম্য প্ৰতিৰোধ কৰাৰ উপায় নিৰন্তৰ বিচাৰি ফুৰিছে। এইবোৰ সাধাৰণতে সৰ্বজনীন কেৰিয়াৰৰ আবেদনৰ সৈতে ভালদৰে ক্ষতিপূৰণ প্ৰদান কৰা, উচ্চ-স্থিতিৰ বৃত্তি বুলি গণ্য কৰা হয়। ষ্টেম ক্ষেত্ৰত নাৰীৰ শিক্ষাত বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিতৰ ক্ষেত্ৰত প্ৰতিনিধিত্ব কৰা শিশু আৰু প্ৰাপ্তবয়স্ক মহিলা অন্তৰ্ভুক্ত কৰা হয়। ২০১৭ চনত ষ্টেম ক্ষেত্ৰৰ ৩৩% শিক্ষাৰ্থী মহিলা আছিল। ইউনেস্কোৰ মতে এই লিংগ বৈসাদৃশ্যৰ কাৰণ হৈছে লিংগ বৈষম্য, পক্ষপাতিত্ব, সামাজিক নিয়ম আৰু প্ৰত্যাশা যি মহিলাসকলে প্ৰাপ্ত কৰা শিক্ষাৰ মানদণ্ড আৰু তেওঁলোকে অধ্যয়ন কৰা বিষয়বোৰক প্ৰভাৱিত কৰে। ইউনেস্কোৱে এইটোও বিশ্বাস কৰে যে ষ্টেম ক্ষেত্ৰত অধিক মহিলা থকাটো বাঞ্ছনীয় কিয়নো ই বহনক্ষম বিকাশৰ ক্ষেত্ৰত সহায়ক। বৰ্তমান স্থিতি ষ্টেম শিক্ষাৰ অংশগ্ৰহণত লিংগীয় পাৰ্থক্য ইতিমধ্যে বিজ্ঞান আৰু গণিত সম্পৰ্কীয় শৈশৱৰ যত্ন আৰু শিক্ষাত দৃশ্যমান হয় আৰু উচ্চ স্তৰৰ শিক্ষাত অধিক স্পষ্ট হৈ পৰে। ছোৱালীবোৰে বয়সৰ সৈতে ষ্টেম বিষয়ৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলোৱা দেখা যায়। এয়া বিশেষকৈ কৈশোৰৰ আৰম্ভণি আৰু শেষৰ ফালে সংঘটিত হয়। এই হ্ৰাস হোৱা আগ্ৰহে মাধ্যমিক পৰ্যায়ত আৰু উচ্চ শিক্ষাত উন্নত অধ্যয়নত অংশগ্ৰহণ প্ৰভাৱিত কৰে। মহিলা শিক্ষাৰ্থীসকলে বিশ্বব্যাপী এই স্তৰত অধ্যয়নৰ ষ্টেম সম্পৰ্কীয় ক্ষেত্ৰত নামভৰ্তি কৰা সকলো শিক্ষাৰ্থীৰ ৩৫% প্ৰতিনিধিত্ব কৰে। এই লিংগীয় পাৰ্থক্য বিভিন্ন বিষয় আৰু শাখাৰ মাজতো দেখা যায়। উদাহৰণস্বৰূপে অভিযান্ত্ৰিক, উৎপাদন আৰু নিৰ্মাণ, প্ৰাকৃতিক বিজ্ঞান, গণিত আৰু পৰিসংখ্যা আৰু তথ্য আৰু গণসংযোগ প্ৰযুক্তিৰ ক্ষেত্ৰত মহিলাৰ নামভৰ্তি সৰ্বনিম্ন। ষ্টেম বিষয়ৰ অধ্যয়নত মহিলাৰ প্ৰতিনিধিত্বত গুৰুত্বপূৰ্ণ আঞ্চলিক আৰু দেশ অনুসৰি পাৰ্থক্য লক্ষ্য কৰিব পাৰি। অৱশ্যে এই ক্ষেত্ৰবোৰত ছোৱালী আৰু মহিলাৰ ব্যস্ততা প্ৰভাৱিত কৰা প্ৰাসংগিক কাৰকৰ উপস্থিতিৰ পৰামৰ্শ দিয়ে। মহিলাসকলে তেওঁলোকৰ উচ্চ শিক্ষা অধ্যয়নৰ সময়ত তেওঁলোকৰ কামৰ পৃথিৱীলৈ পৰিৱৰ্তনৰ সময়ত আৰু আনকি তেওঁলোকৰ কেৰিয়াৰ চক্ৰতো অসামঞ্জস্যপূৰ্ণ সংখ্যাত ষ্টেম শাখা ত্যাগ কৰে। ষ্টেম শিক্ষাৰ শিকন প্ৰাপ্তি শিকন প্ৰাপ্তিৰ লিংগীয় পাৰ্থক্যৰ তথ্যই এক জটিল ছবি উপস্থাপন কৰে। বিষয়, জ্ঞান প্ৰয়োগৰ বিপৰীতে জ্ঞান আহৰণ, শিক্ষাৰ্থীৰ শিক্ষা/বয়সৰ স্তৰ আৰু ভৌগোলিক অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি এই তথ্য সমূহ পৰিসংখ্যা ৰূপত প্ৰকাশ কৰা হয়। সামগ্ৰিকভাৱে ষ্টেম শিক্ষাত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি পাইছে। কিন্তু এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আঞ্চলিক তাৰতম্য বিদ্যমান। উদাহৰণ স্বৰূপে আফ্ৰিকা, লেটিন আমেৰিকা আৰু কেৰিবিয়ানত তথ্য উপলব্ধ, লিংগৰ ব্যৱধান মুখ্যতঃ মাধ্যমিক শিক্ষাত গণিত শিকন প্ৰাপ্তিৰ পৰিসংখ্যা ল'ৰাৰ পক্ষত যথেষ্ট বেছি। ইয়াৰ বিপৰীতে আৰৱ ৰাষ্ট্ৰসমূহত ছোৱালীবোৰে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা দুয়োটা বিষয়তে ল'ৰাতকৈ ভাল প্ৰদৰ্শন কৰে। অংশগ্ৰহণৰ তথ্যৰ দৰে শিকন প্ৰাপ্তিৰ তথ্যৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক তাৰতম্যই এই ক্ষেত্ৰবোৰত ছোৱালী আৰু মহিলাৰ ব্যস্ততা প্ৰভাৱিত কৰা প্ৰাসংগিক কাৰকৰ উপস্থিতিৰ পৰামৰ্শ দিয়ে। ছোৱালীৰ কৃতিত্ব গণিততকৈ বিজ্ঞানত অধিক কাৰ্যকৰী যেন লাগে আৰু য'ত ছোৱালীবোৰে ল'ৰাতকৈ ভাল প্ৰদৰ্শন কৰে। সাধাৰণতে ল'ৰাবোৰে ভাল প্ৰদৰ্শন কৰাতকৈ নম্বৰৰ পাৰ্থক্য তেওঁলোকৰ তিনিগুণলৈকে বেছি হয়। ছোৱালীয়ে জীৱবিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ দৰে কিছুমান উপ-বিষয়ত ল'ৰাক অতিক্ৰম কৰে কিন্তু পদাৰ্থ বিজ্ঞান আৰু ভূবিজ্ঞানত কৰিব নোৱাৰে। আন্তৰ্জাতিক গণিত আৰু বিজ্ঞান অধ্যয়নৰ প্ৰৱণতা অনুসৰি দেশসমূহৰ মাজত মাধ্যমিক শিক্ষাত বিজ্ঞান বিষয়ত লিংগ ব্যৱধান যথেষ্ট হ্ৰাস পাইছে। এই অধ্যয়নত অংশগ্ৰহণকাৰী ১৭খন দেশৰ ভিতৰত ১৪খন দেশৰ ২০১৫ চনত বিজ্ঞান বিষয়ত কোনো লিংগ ব্যৱধান নাছিল। অৱশ্যে এই ১৭খন দেশৰ বাহিৰে আন অঞ্চলৰ তথ্যবোৰ সম্পূৰ্ণকৈ উপলব্ধ নহয়। গুৰুত্বপূৰ্ণ আঞ্চলিক তাৰতম্য স্বত্বেও ল'ৰাৰ পক্ষত লিংগৰ ব্যৱধান গণিতত অলপ বেছি কিন্তু কিছুমান দেশত ছোৱালীৰ পক্ষত সময়ৰ সৈতে উন্নতি দেখা গৈছে। গণিতৰ উপ-বিষয়ৰ ভিতৰত লিংগৰ পাৰ্থক্য দেখা যায়, যেনে: ছোৱালীয়ে বীজগণিত আৰু জ্যামিতিৰ দৰে বিষয়ত ল'ৰাবোৰক অতিক্ৰম কৰে কিন্তু "সংখ্যা প্ৰণালী"ত অতিক্ৰম কৰিব নোৱাৰে। জ্ঞানৰ প্ৰয়োগ জোখাতকৈ জ্ঞান আহৰণ জোখা মূল্যায়নত ছোৱালীৰ প্ৰদৰ্শন অধিক লক্ষণীয়। তথ্য উপলব্ধতাৰ ক্ষেত্ৰত দেশৰ আৱৰণ যথেষ্ট সীমিত আনহাতে তথ্য এক পৃথক বাৰংবাৰাত আৰু বিদ্যমান অধ্যয়নত বিভিন্ন চলকৰ বিপৰীতে সংগ্ৰহ কৰা হয়। উপ-চাহাৰা আফ্ৰিকা, মধ্য এছিয়া আৰু দক্ষিণ আৰু পশ্চিম এছিয়াৰ নিম্ন আৰু মধ্য আয়ৰ দেশবোৰৰ পৰিস্থিতিৰ বিষয়ে বিশেষকৈ গৌণ পৰ্যায়ত আমাৰ জ্ঞানত বৃহৎ ব্যৱধান আছে। ষ্টেম শিক্ষাত মহিলাৰ অংশগ্ৰহণ আৰু শিকন প্ৰাপ্তিক প্ৰভাৱিত কৰা কাৰকসমূহ ইউনেস্কোৰ মতে একাধিক আৰু অধিকৰ্মণ কৰা কাৰকে মহিলাৰ অংশগ্ৰহণ, ষ্টেম ক্ষেত্ৰত অধ্যয়ন আৰু কেৰিয়াৰত প্ৰাপ্তি আৰু প্ৰগতি প্ৰভাৱিত কৰে। এই সকলোবোৰে ইটোৰ সৈতে সিটো মিলি জটিল সংমিশ্ৰণ সৃষ্টি কৰে। সেইকেইটা হৈছে: ব্যক্তিগত স্তৰ: জৈৱিক কাৰক যিবোৰে ব্যক্তিৰ সামৰ্থ্য, দক্ষতা, আৰু আচৰণ প্ৰভাৱিত কৰিব পাৰে যেনে মস্তিষ্কৰ গঠন আৰু কাৰ্য, হৰম'ন, আনুবংশিক আৰু স্থানিক আৰু ভাষিক দক্ষতাৰ দৰে জ্ঞানীয় বৈশিষ্ট্য। ই মানসিক কাৰকবোৰো বিবেচনা কৰে, যাৰ ভিতৰত আছে আত্ম-কাৰ্যকাৰীতা, আগ্ৰহ আৰু অনুপ্ৰেৰণা। পৰিয়াল আৰু সমনীয়া স্তৰ: পিতৃ-মাতৃৰ বিশ্বাস আৰু প্ৰত্যাশা, পিতৃ-মাতৃৰ শিক্ষা আৰু আৰ্থ-সামাজিক স্থিতি, আৰু অন্যান্য ঘৰুৱা কাৰক, লগতে সমনীয়াৰ প্ৰভাৱ। বিদ্যালয়ৰ স্তৰ: শিকাৰ পৰিৱেশৰ লগত জড়িত থকা কাৰকসমূহ যাৰ ভিতৰত আছে শিক্ষকৰ ব্যক্তিত্ব, অভিজ্ঞতা, বিশ্বাস আৰু প্ৰত্যাশা, পাঠ্যক্ৰম, শিক্ষণ সামগ্ৰী আৰু সম্পদ, শিক্ষণ ৰণনীতি আৰু শিক্ষাৰ্থী শিক্ষকৰ আদান-প্ৰদান, মূল্যাঙ্কন পদ্ধতি আৰু সামগ্ৰিক বিদ্যালয়ৰ পৰিৱেশ। সামাজিক স্তৰ: লিংগ সমতা সম্পৰ্কীয় সামাজিক আৰু সাংস্কৃতিক নিয়ম আৰু সংবাদ মাধ্যমত লিংগ গতানুগতিকতা। ব্যক্তিগত স্তৰ পুৰুষ আৰু মহিলাৰ মাজত জ্ঞানীয় ক্ষমতাৰ পাৰ্থক্য আছে নে নাই সেই প্ৰশ্নটো দীৰ্ঘদিন ধৰি গৱেষক আৰু পণ্ডিতসকলৰ মাজত বিতৰ্কৰ বিষয় হৈ আহিছে। কিছুমান অধ্যয়নত যৌনতাৰ ওপৰত আধাৰিত শিকাৰ স্নায়ু প্ৰণালীত কোনো পাৰ্থক্য পোৱা নগ'ল। ছোৱালীবোৰে ষ্টেম ক্ষেত্ৰৰ পৰা আঁতৰি অহাৰ মুখ্য কাৰণ হৈছে আগ্ৰহ হেৰুওৱা। অৱশ্যে কিছুমানৰ মতে এয়া সামাজিকীকৰণ প্ৰক্ৰিয়া আৰু লিংগ ভূমিকাৰ বিষয়ে ৰূঢ়িবাদী ধাৰণাবোৰৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হয়। ইয়াৰ লগত লিংগ আৰু ষ্টেম সম্পৰ্কীয় বহুতো ৰূঢ়িবাদী ধাৰণা জড়িত হৈ আছে। ষ্টেম অধ্যয়ন আৰু কেৰিয়াৰ পুৰুষৰ ক্ষেত্ৰ বুলি ধাৰণাটো কোৱা লিংগ গতানুগতিকতাই ছোৱালীৰ ষ্টেমত আগ্ৰহ, ব্যস্ততা আৰু প্ৰাপ্তিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে আৰু তেওঁলোকক ষ্টেম কেৰিয়াৰ অনুসৰণ কৰাৰ পৰা নিৰুৎসাহিত কৰিব পাৰে। এনে ধৰণৰ ধাৰণাবোৰ আত্মসাৎ কৰা ছোৱালীবোৰৰ ল'ৰাতকৈ তেওঁলোকৰ সামৰ্থ্যৰ ওপৰত আত্ম-কাৰ্যকাৰীতা আৰু আত্মবিশ্বাসৰ স্তৰ কম থাকে। স্ব-কাৰ্যকাৰীতাই ষ্টেম শিক্ষাৰ ফলাফল আৰু ষ্টেম কেৰিয়াৰৰ আকাংক্ষা দুয়োটাকে যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰে। শেহতীয়া বছৰবোৰত ষ্টেমত অধিক মহিলাই মুখ্য বিষয় হিচাপে গ্ৰহণ কৰি আহিছে, যদিও আমি এতিয়াও গণিত, অভিযান্ত্ৰিক বা বিজ্ঞান অধ্যয়ন কৰা পুৰুষ আৰু মহিলাৰ মাজত বিশাল অসমিকা প্ৰত্যক্ষ কৰি আছোঁ। পৰিয়াল আৰু সমনীয়া স্তৰ পিতৃ-মাতৃসকলে তেওঁলোকৰ বিশ্বাস আৰু প্ৰত্যাশাসহ ষ্টেম অধ্যয়নৰ প্ৰতি ছোৱালীৰ মনোভাৱ আৰু আগ্ৰহ গঢ়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লিংগ ভূমিকাৰ বিষয়ে পৰম্পৰাগত বিশ্বাস থকা আৰু ছোৱালী আৰু ল'ৰাৰ সৈতে অসমান আচৰণ কৰা অভিভাৱকসকলে ষ্টেমত লিংগ আৰু সামৰ্থ্যৰ বিষয়ে ধাৰণাবোৰ শক্তিশালী কৰিব পাৰে। অভিভাৱকসকলে তেওঁলোকে প্ৰদান কৰা পাৰিবাৰিক মূল্যবোধ, পৰিৱেশ, অভিজ্ঞতা আৰু উৎসাহৰ জৰিয়তে ছোৱালীৰ ষ্টেম অংশগ্ৰহণ আৰু শিকাৰ প্ৰাপ্তিৰ ওপৰতো এক শক্তিশালী প্ৰভাৱ পেলাব পাৰে। কিছুমান গৱেষণাত দেখা গৈছে যে পিতৃ-মাতৃৰ প্ৰত্যাশা, বিশেষকৈ মাতৃৰ প্ৰত্যাশাই ল'ৰাবোৰতকৈ ছোৱালীৰ উচ্চ শিক্ষা আৰু কেৰিয়াৰৰ পছন্দৰ ওপৰত অধিক প্ৰভাৱ পেলায়। উচ্চ আৰ্থ-সামাজিক স্থিতি আৰু অভিভাৱকৰ শিক্ষাগত অৰ্হতা ছোৱালী আৰু ল'ৰা দুয়োৰে বাবে গণিত আৰু বিজ্ঞানত উচ্চ নম্বৰৰ সৈতে সম্পৰ্কিত। ছোৱালীৰ বিজ্ঞানৰ প্ৰদৰ্শন মাতৃৰ উচ্চ শিক্ষাগত অৰ্হতাৰ সৈতে অধিক শক্তিশালীভাৱে সম্পৰ্কিত যেন লাগে। সেইদৰে ল'ৰাবোৰে তেওঁলোকৰ দেউতাকৰ সৈতে সম্পৰ্কিত। ষ্টেম কেৰিয়াৰ থকা পৰিয়ালৰ সদস্যসকলে ছোৱালীৰ ষ্টেম ক্ষেত্ৰত ব্যস্ততাকো প্ৰভাৱিত কৰিব পাৰে। পৰিয়ালটোৰ বহল সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপটেও এক ভূমিকা পালন কৰিব পাৰে। জাতি, ঘৰত ব্যৱহৃত ভাষা, অভিবাসীৰ স্থিতি আৰু পাৰিবাৰিক গাঁথনিৰ দৰে কাৰকবোৰেও ষ্টেমত ছোৱালীৰ অংশগ্ৰহণ আৰু প্ৰদৰ্শনৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। সমনীয়াসকলে ছোৱালীৰ অনুপ্ৰেৰণা আৰু ষ্টেম শিক্ষাৰ অনুভূতিৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। মহিলা সমনীয়াসকলৰ প্ৰভাৱ হৈছে গণিত আৰু বিজ্ঞানৰ প্ৰতি ছোৱালীৰ আগ্ৰহ আৰু আত্মবিশ্বাসৰ এক গুৰুত্বপূৰ্ণ ভৱিষ্যতবক্তা। বিদ্যালয় স্তৰ ষ্টেমত বিশেষজ্ঞতা থকা যোগ্য শিক্ষকসকলে ছোৱালীৰ প্ৰদৰ্শন আৰু ষ্টেম শিক্ষাৰ সৈতে জড়িত হোৱা আৰু ষ্টেম কেৰিয়াৰ অনুসৰণ কৰাত তেওঁলোকৰ আগ্ৰহক ইতিবাচকভাৱে প্ৰভাৱিত কৰিব পাৰে। সম্ভৱতঃ আদৰ্শ হিচাপে কাম কৰি আৰু যৌন-আধাৰিত ষ্টেম সামৰ্থ্যৰ বিষয়ে ধাৰণা বোৰ দূৰ কৰাত সহায় কৰি মহিলা ষ্টেম শিক্ষকসকলে প্ৰায়ে ছোৱালীৰ বাবে অধিক লাভালাভ প্ৰদান কৰে। শিক্ষকসকলৰ বিশ্বাস, মনোভাৱ, আচৰণ আৰু শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ, লগতে পাঠ্যক্ৰম আৰু শিকাৰ সামগ্ৰী সকলোৱে এক ভূমিকা পালন কৰিব পাৰে। ষ্টেমৰ সৈতে বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ সুযোগৰ সহায়ত হাতে-কামে অনুশীলন, সহায়ক, কেৰিয়াৰ পৰামৰ্শ আৰু উপদেশ, ষ্টেম অধ্যয়ন আৰু বৃত্তিৰ বিষয়ে ছোৱালীৰ বুজাবুজি সম্প্ৰসাৰিত কৰিব পাৰে আৰু আগ্ৰহ বজাই ৰাখিব পাৰে। মূল্যাঙ্কন প্ৰক্ৰিয়া আৰু সঁজুলি যিবোৰ লিংগ-পক্ষপাতদুষ্ট বা লিংগ গতানুগতিকতা অন্তৰ্ভুক্ত থাকে তেনেবোৰে ষ্টেমত ছোৱালীৰ প্ৰদৰ্শনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ষ্টেমত ছোৱালীৰ শিকাৰ ফলাফলবোৰ গণিত বা পৰীক্ষাৰ উদ্বেগৰ দৰে মানসিক কাৰকৰ দ্বাৰাও আপোচ কৰিব পাৰি। ষ্টেম বিষয়ত এগৰাকী মহিলা শিক্ষকৰ আত্মবিশ্বাসে প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাত মহিলা শিক্ষাৰ্থীসকলে সেই বিষয়বোৰত কিমান ভাল প্ৰদৰ্শন কৰিব তাৰ ওপৰতো শক্তিশালী প্ৰভাৱ পেলায়। উদাহৰণ স্বৰূপে, গণিতৰ বিষয়ে উদ্বিগ্নতা থকা প্ৰাথমিক পৰ্যায়ৰ মহিলা শিক্ষকসকলে গণিতত তেওঁলোকৰ ছাত্ৰীসকলৰ প্ৰাপ্তিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব। পৰ্যায়ৰ প্ৰাথমিক শিক্ষাৰ্থীসকলৰ লিংগ পক্ষপাতিত্ব আৰু গণিতত ছাত্ৰীসকলৰ কৃতিত্বৰ মাজত পাৰস্পৰিক সম্পৰ্ক পোৱা গৈছে। যিসকলে সময়ৰ লগে লগে কম সফলতা লাভ কৰিছিল তেওঁলোকেও বিশ্বাস কৰা দেখা গৈছে যে ল'ৰাবোৰ ছোৱালীতকৈ গণিতত স্বাভাৱিকতে ভাল। সামাজিক স্তৰ সাংস্কৃতিক আৰু সামাজিক নিয়মে ছোৱালীৰ সামৰ্থ্য, সমাজত ভূমিকা আৰু কেৰিয়াৰ আৰু জীৱনৰ আকাংক্ষাৰ বিষয়ে ধাৰণা প্ৰভাৱিত কৰে। বহল মনোবৃত্তিৰ সমাজত লিংগ সমতাৰ পৰিমাণে ষ্টেমত ছোৱালীৰ অংশগ্ৰহণ আৰু প্ৰদৰ্শন প্ৰভাৱিত কৰে। অধিক লিংগ সমতা থকা দেশবোৰত ছোৱালীবোৰৰ গণিতৰ বিষয়ে অধিক ইতিবাচক মনোভাৱ আৰু আত্মবিশ্বাস থাকে আৰু বিষয়টোত শিকন প্ৰাপ্তিৰ ক্ষেত্ৰত লিংগৰ ব্যৱধান কম হয়। সংবাদ মাধ্যমত চিত্ৰিত লিংগ গতানুগতিকতাবোৰ শিশু আৰু প্ৰাপ্তবয়স্কসকলৰ দ্বাৰা অভ্যন্তৰীণ ভাবে গ্ৰহণ কৰা হয় আৰু তেওঁলোকে নিজকে আৰু আনৰ দৃষ্টিভঙ্গী প্ৰভাৱিত কৰে। মিডিয়াই ষ্টেম সামৰ্থ্য আৰু কেৰিয়াৰৰ বিষয়ে লিংগ গতানুগতিকতাক স্থায়িত্ব বা প্ৰত্যাহ্বান জনাব পাৰে। লিংগ বৈষম্যৰ প্ৰভাৱ ষ্টেমৰ ক্ষেত্ৰত মহিলাৰ সফল হ'বলৈ অক্ষম হোৱাৰ সৈতে সম্পৰ্কিত ধাৰাবাহিক লিংগগত গতানুগতিকতাৰ পৰা উদ্ভৱ হোৱা দীৰ্ঘম্যাদী পৰিণামটোৱে এক স্থিৰ মানসিকতা বিকশিত হৈ আহিছে। তেওঁলোকে মুখ্যতঃ পুৰুষৰ আধিপত্য থকা কেৰিয়াৰত সমালোচনামূলক ভাৱে চিন্তা কৰিবলৈ বা মূল্যৱান ধাৰণা আগবঢ়াবলৈ পৰ্যাপ্ত ভাবে সজ্জিত নহয় বুলি গণ্য কৰে। এনে এক কৰ্মক্ষেত্ৰত ভৰি দিয়া য'ত পুৰুষ সহকৰ্মীসকলে কাম কৰা এগৰাকী মহিলাৰ পৰা কম ক্ষমতা আশা কৰে বুলি জানি আৰু পুৰুষৰ সংখ্যা অধিক হোৱাৰ ফলত মহিলাসকলে তেওঁলোকৰ চাকৰিত তেওঁলোকৰ দক্ষতা আৰু প্ৰদৰ্শন হ্ৰাস কৰে। ইয়াৰ আংশিক কাৰণ হৈছে প্ৰতিনিধিত্ব অনুমান। এই তত্ত্ব অনুসৰি মানুহে যিটো অংশ দেখা নাপায় আনসকলে তেওঁলোকক অধিক সমালোচনা কৰে। এক পুৰুষ জনবসতিপূৰ্ণ পৰিৱেশত, পুৰুষসকলে মহিলাৰ প্ৰতি অধিক সমালোচনা কৰে কিয়নো তেওঁলোক সাধাৰণতে ষ্টেম ক্ষেত্ৰত বিমূৰ্ত প্ৰতিনিধিত্ব দেখা নাপায়। পুৰুষ আৰু মহিলাৰ মাজত বুজাবুজিৰ স্তৰৰ মূল স্থিতিৰ প্ৰভাৱ প্ৰদৰ্শন কৰা এক অধ্যয়নত এই সিদ্ধান্তত উপনীত হৈছে যে উচ্চ ব্যাখ্যামূলক স্তৰে প্ৰতিনিধিত্বৰ অনুমানক ব্যৱহাৰ কৰাত সহায় কৰে। ইয়াৰ বিপৰীতে নিম্ন মানদণ্ডৰ পৰিস্থিতিয়ে প্ৰতিনিধিত্বৰ অনুমান ব্যৱহাৰ হ্ৰাস হোৱা দেখুৱাইছিল। তথ্য উৎস নাৰীবাদ
32214
https://as.wikipedia.org/wiki/%E0%A6%9F%E0%A7%8B%E0%A7%B1%E0%A6%BE%E0%A6%87%E0%A6%B2%E0%A6%BE%E0%A6%87%E0%A6%9F%20%28%E0%A6%89%E0%A6%AA%E0%A6%A8%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B8%29
টোৱাইলাইট (উপন্যাস)
টোৱাইলাইট হ'ল ষ্টিফেনি মেয়াৰ ৰচিত ভেম্পায়াৰ-ৰোমাঞ্চ বিষয়ক এক উপন্যাস। এইখন হ'ল টোৱাইলাইট শৃংখলাৰ প্ৰথমখনি উপন্যাস য'ত পাঠকৰ ১৭ বছৰীয়া ইজাবেলা "বেলা" স্বানৰ লগত পৰিচিতি ঘটে যিয়ে ফিনিক্স,এৰিজোনা এৰি ফোৰ্কছ,ৱাছিংটনলৈ আহি এডৱাৰ্ড কালেন নামৰ ভেম্পায়াৰ এজনৰ প্ৰেমত পৰি নিজৰ জীৱন বিপদাপন্ন কৰি তোলে। শৃংখলাটিৰ আন আন কিতাপকেইখন হল নিউ মুন,ইক্লিপ্ছ আৰু ব্ৰেকিং ড'ন। ২০০৫ চনত ইয়াৰ প্ৰকাশৰ লগে লগে ই বেষ্টচেলাৰ হৈ পৰে আৰু নিউ য়ৰ্ক টাইমছ বেষ্টচেলাৰ তালিকাত প্ৰথমতে পঞ্চম আৰু পিছলৈ প্ৰথম স্থান লাভ কৰে। সেই বছৰতে 'পাব্লিছাৰ্চ ৱিকলী'য়ে ইয়াক ২০০৫ চনৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ আখ্যা দিয়ে।২০০৮ চনত ই সৰ্বাধিক বিক্ৰী হোৱা উপন্যাস আৰু ২০০৯ চনত দ্বিতীয় সৰ্বাধিক বিক্ৰী হোৱা উপন্যাস হিচাপে পৰিগণিত হয় য'ত প্ৰথম হয় ইয়াৰেই ছিকুৱেল নিউ মুন। বৰ্তমান ই ৩৭টা বিভিন্ন ভাষালৈ অনূদিত হৈছে। প্ৰকাশৰ লগে লগে ই সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে। সমালোচকসকলে ইয়াক "আত্মাক চুই যোৱা এক ৰহস্যঘন প্ৰেমকাহিনী" বুলি প্ৰশংসা কৰে। আনহাতে কিছুমান সমালোচকৰ মতে এডৱাৰ্ডৰ প্ৰতি বেলাৰ আকৰ্ষণ "চৰিত্ৰতকৈ যাদুৰ ভেটিতহে প্ৰতিষ্ঠিত" আৰু বেলা এক অতি দুৰ্বল মহিলা চৰিত্ৰ। অৱশ্যে সকলোৱেই ইয়াক এক সাহিত্যিক চমৎকাৰ বুলি মানি লৈছে। ২০০৮ ত টোৱাইলাইটৰ চলচ্চিত্ৰ অভিযোজনে মুক্তি লাভ কৰে। ই ব্যৱসায়িক ভাৱে যথেষ্ট সফল হয় আৰু গোটেই বিশ্বজুৰি $৩৯২ মিলিয়ন উপাৰ্জন কৰে তথা জুলাই,২০০৯ লৈ উত্তৰ আমেৰিকাত ডিভিডি বিক্ৰীৰ জৰিয়তে অতিৰিক্ত $১৫৭ মিলিয়ন উপাৰ্জন কৰে। কাহিনীভাগ পটভূমি ইজাবেলা "বেলা" স্বানে সদায়ে ৰ'দ দি থকা চহৰ ফিনিক্স,আৰিজোনাৰ পৰা অনবৰতে বৰষুণে কিনকিনাই থকা চহৰ ফোৰ্কছ,ৱাছিংটনত নিজৰ দেউতাক চাৰ্লিৰ লগত থাকিবলৈ আহে কাৰণ তাইৰ মাক ৰিণীয়ে তেওঁৰ নতুন পতি বেছবল খেলুৱৈ ফিলৰ লগত ফুৰা চকা কৰিব খোজে। নতুন স্কুলত বেলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে আৰু খুব সোনকালে বহুকেইজন বন্ধু-বান্ধৱী গোটাই লয়। লাজকুৰীয়া বেলাক অস্বস্তিত পেলাই বহুকেইজন ল'ৰাই বেলাৰ মনোযোগ আকৰ্ষণৰ প্ৰতিযোগিতাত নামি পৰে। প্ৰথমদিনাই যেতিয়া বেলা এডৱাৰ্ড কালেনৰ কাষত বহে তাই অনুভৱ কৰে যেন সি তাই কাষত বহাত বহুত বিৰক্ত হৈছে। তাৰ পিছত সি বহুকেইদিন স্কুললৈ নাহে আৰু যেতিয়া উভতি আহে বেলাৰ লগত বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰে। তেওঁলোকৰ বন্ধুত্বই এক গাঢ় পৰ্যায় পায় যেতিয়া বেলাক স্কুলৰ পাৰ্কিঙত এখন ভানে প্ৰায় খুন্দিওৱাৰ উপক্ৰম হয়। এডৱাৰ্ডে নিমিষতে বেলাৰ কাষত উপস্থিত হৈ খালী হাতেৰেই ভানখন ৰখাই দিয়ে। এডৱাৰ্ডে তাইক কেনেকৈ ৰক্ষা কৰিলে তাৰ ৰহস্য উদ্ঘাটন কৰিবলৈ বেলা বদ্ধপৰিকৰ হয় আৰু এডৱাৰ্ডক সঘনাই প্ৰশ্ন কৰি থাকিবলৈ লয়। যেতিয়া পুৰণি বন্ধু পৰিয়ালৰ জেকব ব্লেকে তাইক স্থানীয় জনজাতীয় লোককথাসমূহ কয় তাই গম পায় যে এডৱাৰ্ড আৰু তাৰ পৰিয়ালৰ সকলোটি ভেম্পায়াৰ যিয়ে মানুহৰ পৰিৱৰ্তে জন্তুৰ তেজ হে খাদ্য হিচাপে গ্ৰহণ কৰে। তেতিয়া এডৱাৰ্ডেও কয় যে বেলাৰ তেজৰ গোন্ধটো তাৰ বাবে খুব লোভনীয় বাবেহে প্ৰথমাৱস্থাত সি তাইক এৰি চলিছিল। সময় যোৱাৰ লগে লগে দুয়ো দুয়োৰে প্ৰেমত পৰে। সেই সময়তে ফোৰ্কছত আন এক হিংস্ৰ ভেম্পায়াৰৰ দল আহি উপস্থিত হয়। সেই দলটিৰ এজন অনুসৰণকাৰী ভেম্পায়াৰ জেমছে মানুহৰ সৈতে কালেন পৰিয়ালে সম্পৰ্ক গঢ়ি তোলা বাবে ক্ষোভিত হয় আৰু বেলাৰ চিকাৰ কৰিব বিচাৰে। বেলাক ৰক্ষা কৰিবৰ বাবে কালেন পৰিয়ালটো দুটা ভাগত বিভক্ত হয় আৰু এডৱাৰ্ডৰ সৈতে বেলা ফিনিক্সৰ হোটেল এখনত লুকাই থাকে। তাত জেমছে বেলাক ফোন কৰি কয় যে সি তাইৰ মাকক বন্দী কৰি থৈছে (যিটো আচলতে তাৰ ফন্দী আছিল)। যেতিয়া বেলাই জেমছৰ ওচৰত আত্মসমৰ্পণ কৰে সি তাইক আক্ৰমণ কৰে যদিও কালেনসকল আহি তাইক ৰক্ষা কৰে। অৱশ্যে জেমছে তাইক কামুৰিবলৈ সক্ষম হয়। এডৱাৰ্ডে সুকলমে তাইৰ তেজত সোমোৱা বিষখিনি শুহি লৈ বেলাক ভেম্পায়াৰ হোৱাৰ পৰা ৰক্ষা কৰে। পিছত এডৱাৰ্ড আৰু বেলাই স্কুলৰ প্ৰম নাচত অংশগ্ৰহণ কৰে আৰু বেলাই ভেম্পায়াৰ হোৱাৰ ইচ্ছা প্ৰকাশ কৰে যদিও এডৱাৰ্ড অমান্তি হয়। প্ৰধান চৰিত্ৰসমূহ ইজাবেলা স্বান ইজাবেলা এজনী ১৭ বছৰীয়া ছোৱালী যিয়ে নিজকে বেলা বুলি মতাটো পছন্দ কৰে। তাই ফিনিক্স এৰি ফোৰ্কছত থাকিবলৈ লয় যাতে তাইৰ মাকে তেওঁৰ নতুন পতিৰ লগত ফুৰিবলৈ যাব পাৰে। ফোৰ্কছ হাই স্কুলত তাই এডৱাৰ্ড কালেনক লগ পায় আৰু লগেলগে তাৰ প্ৰতি আকৰ্ষিত হয়। এডৱাৰ্ডৰ ৰহস্যটো তাই গম পোৱা বুলি তাই তাক কৈ দিয়ে,সিও তাত হয়ভৰ দিয়ে আৰু দুয়ো নিষিদ্ধ প্ৰেমত মগ্ন হয় য'ত এডৱাৰ্ডে বেলাৰ তেজ পিবলৈ থকা তাৰ অদম্য ইচ্ছাৰ লগত যুঁজ দি থাকে। বেলা এজনী দয়ালু আৰু অপ্ৰতিভ ব্যক্তিত্ব সম্পন্না ছোৱালী আৰু তাইৰ বয়সৰ আনছোৱালীতকৈ তাই বেছি বয়স্ক। তাই অতি বুদ্ধিমতী আৰু সূক্ষ্ম পৰিদৰ্শক আৰু সেই গুণেই কালেনসকলৰ আচৰিত ধৰণ কৰণ,শাৰীৰিক গঢ়,শক্তি আদি দেখি নিজেই সত্যটো বিচাৰি উলিয়াই লয়। উপন্যাসৰ আৰম্ভণিতে বেলাই অনুভৱ কৰে যে "সিদ্ধান্ত এটা থিৰ কৰাই আটাইতকৈ টান কাম,কিন্তু সিদ্ধান্ত লোৱাৰ পিছত তাক অনুসৰণ কৰাটো (তাইৰ বাবে)সহজ। কিন্তু উপন্যাসৰ ঘটনাচক্ৰত বেলাই অজানিতেই কঠিন সিদ্ধান্তবোৰ ল'বলৈ আৰু তাৰ ফলাফলবোৰ মানি ল'বলৈ শিকি যায়। এডৱাৰ্ড কালেন এডৱাৰ্ড কালেন হ'ল ১০৪ বছৰীয়া এজন ভেম্পায়াৰ। ১৯১৮ চনত যেতিয়া স্পেনিছ ইনফ্লুৱেঞ্জাত সি মৃতপ্ৰায় হয় তেতিয়া কাৰ্লাইল কালেনে তাক ভেম্পায়াৰলৈ সলনি কৰে। তাৰ মানুহৰ মন পঢ়িব পৰা এক ঐশ্বৰিক শক্তি আছে। বেলাক লগ পোৱাৰ লগে লগে সি তাইৰ প্ৰতি আকৰ্ষিত হৈছিল কাৰণ সি বেলাৰ চিন্তাবোৰ পঢ়িব পৰা নাছিল। তদুপৰি বেলাৰ তেজৰ গোন্ধটোও তাৰ বাবে এক লোভনীয় সুঘ্ৰাণ আছিল। প্ৰথমতে বেলাৰ সুৰক্ষাৰ বাবে নিজেই বেলাক সি যে বিপদজনক সেয়া সঁকিয়াই দিছিল যদিও অৱশেষত নিজৰ পৰিচয় প্ৰকাশ কৰে। বেলাৰ মাজতে সি প্ৰেম,কৰুণা,তত্ত্বাৱধান সকলো বিচাৰি পায়। বেলাতেই সি নিজৰ এশ বছৰীয়া অৰ্থহীন জীৱনৰ লক্ষ্য বিচাৰি পায়। টোৱাইলাইটত এডৱাৰ্ডৰ ব্যক্তিত্বৰ মাজেৰে মেয়াৰৰ নৈৰাশ্যবাদী মনোভাৱ প্ৰকাশ পাইছে। বিখ্যাত উপন্যাস জেন আয়াৰৰ মি০ ৰোচেষ্টাৰৰ কিছু প্ৰভাৱ এডৱাৰ্ডৰ চৰিত্ৰত দেখা যায় কাৰণ এডৱাৰ্ডৰ দৰে তেৱোঁ নিজকে এজনে দানৱ বুলি ভাবিছিল। জেম্ছ জেম্ছ হ'ল এনে এক ভেম্পায়াৰ যিয়ে গোন্ধৰ দ্বাৰা মানুহ বা ভেম্পায়াৰৰ পথ অনুসৰণ কৰিব পাৰে। তাৰ প্ৰতিযোগিতাপ্ৰিয় মনে প্ৰত্যাহ্বান ভাল পায় আৰু বেলাৰ তেজৰ সুস্বাদু গোন্ধে তাক বেলাৰ তেজ পিবলৈ ব্যাকুল কৰি তোলে। আৰু কালেন সকলে তাক বাধা দিব বুলি জানিও সি বেলাক হত্যা কৰাৰ পৰিকল্পনা কৰে। সি বেলাক ফিনিক্সলৈকে অনুসৰণ কৰে আৰু ফোন কৰি মিছাকৈ কয় যে তাইৰ মাকক সি অপহৰণ কৰি বন্দী কৰি থৈছে। মাক ফ্লোৰিডাত থকা কথা নাজানি বেলাই জেম্ছে কোৱা স্থানত উপস্থিত হয়। তাতে সি বেলাক কামোৰে যদিও কালেনসকল সঠিক সময়ত আহি তাইক ৰক্ষা কৰে আৰু জেম্ছক ধ্বংস কৰে। বিকাশ মেয়াৰে কোৱা মতে ২০০৩ চনৰ ২ জুন তাৰিখে এক সপোনত তেওঁৰ মনলৈ টোৱাইলাইটৰ চিন্তা আহে। তেওঁ সপোনত এজনী ছোৱালী আৰু এটা ভেম্পায়াৰ দেখিছিল যিয়ে তাইক ভালো পায় কিন্তু তাইৰ তেজ পিবলৈ আতুৰ হৈও থাকে। এই সপোনৰ ভেঁটিতে তেওঁ এক ৰচনা লেখিলে যিটো বৰ্তমানৰ কিতাপখনৰ ত্ৰয়োদশ অধ্যায়। কিতাপখনৰ নাম প্ৰথমতে 'ফোৰ্কছ' ৰখা হৈছিল যদিও পিছত প্ৰকাশকৰ অনুৰোধক্ৰমে ইয়াক টোৱাইলাইট কৰা হয়। প্ৰথমতে মেয়াৰে বেলা বা এডৱাৰ্ডৰ সলনি 'তাই' বা 'সি' হে ব্যৱহাৰ কৰিছিল। পিছলৈ চাৰ্লট ব্ৰণ্টেৰ "মি০ ৰোচেষ্টাৰ" আৰু জেন অষ্টিনৰ "মি০ ফেৰাৰ্চ"ৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ পুৰুষ চৰিত্ৰটোৰ বাবে এডৱাৰ্ড নামটো নিৰ্বাচন কৰে। আকৌ মেয়াৰে নাৰী চৰিত্ৰটিৰ বাবে মেয়াৰে ইজাবেলা নামটো নিৰ্বাচন কৰে কাৰণ তেওঁৰ যদি এজনী ছোৱালী থাকিলহেতেন তাইৰ নাম তেওঁ ইজাবেলা ৰাখিলেহেতেন। ৰোজেলি আৰু জেস্পাৰকো প্ৰথমতে কেৰল আৰু ৰোণাল্ড নাম দিয়া হৈছিল। পৃষ্ঠকাহিনীৰ কথা নভবাকৈ মেয়াৰে ক্ৰমে শেষলৈকে লিখি সাং কৰিলে। কিন্তু প্ৰথম খচৰা খনৰ শেষ অধ্যায়টো বৰ দীঘল হৈ যাবলৈ ধৰিলে গতিকে তেওঁ উপসংহাৰৰ পিছত উপসংহাৰ লিখাত লাগিল। কিন্তু তেওঁ অনুভৱ কৰিলে যে তেওঁ পৃষ্ঠকাহিনীত আৰু কিছুমান ঘটনা আৰু ইয়াৰ কাৰণ সমূহ সংযোগ কৰিব বিচাৰে আৰু পাঁচ বা ছয়টা অধ্যায়ৰ ভিতৰত পৃষ্ঠকাহিনীটো সমাপ্ত কৰাৰ পৰিকল্পনা কৰি কৰি শেষত বাৰটা অধ্যায়ত ইয়াক সম্পূৰ্ণ কৰে। তিনিটা মাহৰ ভিতৰতে মেয়াৰে তেওঁৰ সপোনক এক উপন্যাস হিচাপে গঢ়ি তোলে যদিও তেওঁৰ মতে তেওঁ কেতিয়াও টোৱাইলাইটক প্ৰকাশ কৰি উলিয়াব খোজা নাছিল বৰং নিজৰ সন্তুষ্টিৰ বাবেহে লিখিছিল। বাহ্যিক পৃথিৱীৰ পৰা এটা গ্ৰীষ্মকাল বিচ্ছিন্ন হৈ থাকি অৱশেষত ২০০৩ চনৰ ২৯ আগষ্টত পাণ্ডুলিপিটো লিখি শেষ কৰে। কিতাপখনৰ প্ৰতি মেয়াৰৰ ভনীয়েকে যথেষ্ট উৎসাহ প্ৰদৰ্শন কৰে আৰু পাণ্ডুলিপিটো প্ৰকাশন গোষ্ঠীসমূহলৈ পঠিয়াবলৈ মেয়াৰক হেঁচা দিয়ে। মেয়াৰে পঠোৱা ১৫খন চিঠিৰ ৫ খনৰ কোনো উত্তৰ নাহিল,৯ খনে তেওঁক অগ্ৰাহ্য কৰিলে যদিও শেষৰখনে ৰাইটাৰ্চ হাউছৰ জ'ড ৰিমাৰৰ পৰা সন্মতি আনিলে। সম্পাদনা কৰোঁতে বিংশতিতম অধ্যায়ৰ লগতে আৰু কিছুমান ঘটনা আঁতৰাই দিয়া হয়। বেটুপাত মেয়াৰৰ মতে কিতাপখনৰ বেটুপাতত থকা আপেলটো প্ৰকৃততে বুক অৱ জেনেছিছত উল্লিখিত নিষিদ্ধ ফল। বেলা আৰু এডৱাৰ্ডৰ নিষিদ্ধ প্ৰেমক চিহ্নিত কৰা এই ফলটো প্ৰকৃততে জেনেছিছৰ ২:১৭ উক্তিত-যিটো উক্তি কিতাপখনৰ আৰম্ভণিতে উদ্ধৃত কৰা হৈছে- উল্লিখিত ভাল বেয়াৰ জ্ঞান সম্বলিত জ্ঞানবৃক্ষৰ ফলৰ সৈতে একে। ই ভাল আৰু বেয়া সম্বন্ধে বেলাৰ জ্ঞান তথা 'নিষিদ্ধ ফল' এডৱাৰ্ডক গ্ৰহণ কৰিবলৈ বেলাৰ সিদ্ধান্তক প্ৰতিনিধিত্ব কৰে। মেয়াৰেও কৈছে -"ই দৰাচলতে প্ৰশ্ন কৰে যে তুমি তাক কামুৰি তাৰ ভয়াবহ সম্ভাৱনাবোৰ উপভোগ কৰিবা নে কামুৰিবলৈ অস্বীকাৰ কৰি তোমাৰ চিনাকি পৃথিৱীখনতে সুখী থাকিবা"। বেটুপাতৰ আন এক সংস্কৰণত চলচ্চিত্ৰত বেলা আৰু এডৱাৰ্ডৰ চৰিত্ৰ ৰূপায়ণ কৰা ক্ৰিষ্টেন ষ্টিৱাৰ্ট আৰু ৰবাৰ্ট পেটিনছনৰ আলোকচিত্ৰ দেখা যায়। বঁটা আৰু সন্মান পাব্লিছাৰ্চ ৱিকলীৰ "২০০৫ চনৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থসমূহ"ৰ এখন স্কুল লাইব্ৰেৰী জাৰ্ণালৰ "২০০৫ চনৰ শ্ৰেষ্ঠ গ্ৰন্থসমূহ"ৰ এখন প্ৰকাশ প্ৰথমাৱস্থাত টোৱাইলাইটক ১৪ জন ব্যক্তিয়ে প্ৰত্যাখ্যান কৰে যদিও ২০০৩ চনত ইয়াৰ প্ৰকাশৰ স্বত্বৰ বাবে অনুষ্ঠিত হোৱা নিলামত ৮ জন প্ৰকাশকে প্ৰতিদ্বন্দ্ব্বিতা কৰে। লিটল ব্ৰাউন এণ্ড কোম্পানীয়ে প্ৰথমতে ৩০০,০০০ ডলাৰৰ প্ৰস্তাৱ ৰাখে যদিও মেয়াৰৰ প্ৰতিনিধিয়ে ১ মিলিয়ন ডলাৰ খোজাত এক সমিলমিললৈ আহি অৱশেষত তিনিখন কিতাপৰ বাবদ ৭৫০,০০০ ত চুক্তি চূড়ান্ত হয়। ২০০৫ ত ৭৫,০০০খন কিতাপেৰে টোৱাইলাইটে প্ৰকাশৰ মুখ দেখে। প্ৰকাশৰ এমাহৰ ভিতৰতে ই নিউয়ৰ্ক টাইমছ বেষ্ট চেলাৰ তালিকাত পঞ্চম আৰু পিছলৈ প্ৰথম স্থান দখল কৰে। ২০০৮ ৰ অক্টোবৰ মাহত য়ুএছএ টুডে ৰ "যোৱা পোন্ধৰ বছৰত সৰ্বাধিক বিক্ৰী হোৱা কিতাপৰ তালিকা"ত ষষ্ঠবিংশতিতম স্থান লাভ কৰে। শেষলৈ ই ২০০৮ চনৰ সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থ হিচাপে পৰিগণিত হয়। আৰু ২০০৯ ত ই দ্বিতীয় সৰ্বাধিক বিক্ৰী হোৱা উপন্যাস হিচাপে চিহ্নিত হয় য'ত প্ৰথম হয় ইয়াৰেই ছিকুৱেল নিউ মুন। সমালোচকৰ সহাঁৰি প্ৰথমাৱস্থাত টোৱাইলাইটে মিশ্ৰিত সঁহাৰি লাভ কৰে আৰু পাব্লিছাৰ্চ ৱিকলীয়ে ষ্টিফেনি মেয়াৰক "২০০৫ চনৰ শ্ৰেষ্ঠ নতুন লেখক সকল"ৰ এজন আখ্যা দিয়ে। দ্য টাইমছ এ "কৈশোৰ কালৰ যৌন অস্থিৰতা আৰু একাকিত্ব"ৰ ওপৰত দৃষ্টিপাত কৰা বাবে ইয়াক প্ৰশংসা কৰে আৰু আমাজ’ন ডট কমে ইয়াক "যথেষ্ট ৰোমাণ্টিক আৰু ৰহস্যপূৰ্ণ" আখ্যা দিয়ে। স্কুল লাইব্ৰেৰী জাৰ্ণালৰ হিলাছ.জে.মাৰ্টিনৰ মতে "ই বাস্তৱধৰ্মী,পৰিমাৰ্জিত,সংক্ষিপ্ত আৰু সহজতে অনুকৰণীয়,টোৱাইলাইটে পাঠকক বাৰুকৈয়ে মোহাচ্ছন্ন কৰিব"। আকৌ টিনৰীড্ছৰ নোৰা পিয়েলে লিখিছে "টোৱাইলাইট হ'ল ৰোমাঞ্চ আৰু ভৌতিকতাৰ এক অপূৰ্ব মিশ্ৰণ"। পাব্লিছাৰ্চ ৱিকলীৰ সমালোচনাত বেলাৰ "বহিৰাগত এডৱাৰ্ডৰ সৈতে মোহান্ধতা", তেওঁলোকৰ বিপদাপন্ন সম্পৰ্ক আৰু "এডৱাৰ্ডৰ নিজৰ লগতে লাগি থকা যুঁজ"ক কৈশোৰাৱস্থাৰ যৌনদ্বিধাৰ এক ৰূপক বুলি অভিহিত কৰা হৈছে। বুকলিষ্টে লিখিছে "ইয়াত কিছুমান ভুল নথকা নহয়-আৰু বেছি শক্তিশালী হ'ব পৰা এক পটভূমি,উক্তি সমূহত জোৰ দিবলৈ বিশেষণ আৰু ক্ৰিয়া বিশেষণৰ ওপৰত অধিক গুৰুত্ব আদি- কিন্তু সি যি কি নহঁওক, এই ৰহস্যঘন প্ৰেমকাহিনীয়ে প্ৰাণ ছুই যায়"। "দ্য পোষ্ট এণ্ড কুৰিয়াৰ"ৰ জেনিফাৰ হছে কৈছে "টোৱাইলাইট,ষ্টিফেনি মেয়াৰৰ এই শৃংখলাৰ প্ৰথম কিতাপখনিয়ে মোক ইমানেই আকৰ্ষিত কৰিছে যে মই মোৰ কিতাপখন হেৰুওৱাত কাষৰে কিশোৰী এগৰাকীৰ পৰা তাইৰ কিতাপখন পঢ়িবলৈ আনিলো"। চুইট১০১.কমৰ ৰবাৰ্টা গোলিয়ে এক ধনাত্মক সঁহাৰি দি কৈছে যে যদিও "উপন্যাসখনৰ প্ৰথম ভাগত কোনো এক্সন নাই",ইয়াৰ লিখনি "মসৃণ" আৰু কাহিনীভাগ "আকৰ্ষণীয়"। কিতাপখনৰ দুই প্ৰধান চৰিত্ৰৰ মাজত অনুভূতিৰ গভীৰতা আৰু "কৈশোৰ প্ৰেমৰ উৎকণ্ঠা" খুব সুন্দৰকৈ বৰ্ণিত হোৱা বুলি তেওঁ ইয়াৰ প্ৰশংসা কৰে। কিৰকাছে ইয়াক মিশ্ৰিত সঁহাৰি দি কৈছে যে "টোৱাইলাইট সম্পূৰ্ণ নিখুঁত নহয়। ভয়ানক তথা প্ৰেমিক নায়ক ৰূপে এডৱাৰ্ডৰ চৰিত্ৰায়ণ খুবেই বায়ৰণিক আৰু তাৰ প্ৰতি বেলাৰ আকৰ্ষণ যাদুগত হে,চৰিত্ৰগত নহয়। হলেও এই বিপদজনক প্ৰেমিক যুগলৰ প্ৰতিচ্ছবি খুবেই সফল আৰু ৰহস্যঘন ৰোমাঞ্চৰ গুণমুগ্ধসকলে ইয়াক প্ৰত্যাখ্যান কৰিব নোৱাৰিব"। নিউ য়ৰ্ক টাইমছৰ সমালোচনাত কোৱা হৈছে "টোৱাইলাইটৰ ধাৰণাটি অতি আকৰ্ষণীয়,এৰাব নোৱাৰা-কোনেনো বাৰু এজন সুন্দৰ অচিনাকিৰ সৈতে এক স্বৰ্গীয় প্ৰেমৰ কল্পনা নকৰে? কিন্তু কিতাপখনত মাজে মাজে অত্যধিক উৎসুকতা সম্বলিত আৰু অপেশাদাৰী লিখনি দেখা যায়। অলপ বেছি 'প্ৰদৰ্শন' আৰু অলপ কম 'কথন' হয়তো দৰকাৰী আছিল,বিশেষকৈ এডৱাৰ্ডৰ ধ্বংসাত্মক সৌন্দৰ্য্য আৰু বেলাৰ মোহান্ধতাৰ বিৱৰণ কিছু চুটি হ'লেও হ'লহেতেন"। যদিও দ্য ডেইলী টেলিগ্ৰাফে পিছলৈ টোৱাইলাইটক "১০০ বুকছ দেট দিফাইনছ দ্য ন'টীজ"ত ৩২তম স্থান দিয়ে,তেওঁলোকে কয় "আচৰিত,যদিও মেয়াৰৰ অনুপযুক্ত লিখনিৰ বাবেহে"। ৱাছিংটন পোষ্টৰ এক আলোচনাত এলিজাবেথ হেণ্ডে কয় "মেয়াৰৰ লিখনিয়ে কেতিয়াবাহে সাধাৰণ লিখনিৰ পৰিধি অতিক্ৰম কৰে,আৰু পটভূমিৰ অংকনো নিষ্প্ৰাণ"। অভিযোজন চাম্মিট এণ্টাৰটেইনমেণ্টে টোৱাইলাইটৰ চলচ্চিত্ৰ সংস্কৰণ নিৰ্মাণ কৰে। কেথেৰিণ হাৰ্ডৱিকৰ নিৰ্দেশনাত নিৰ্মিত এই ছবিখনত ক্ৰিষ্টেন ষ্টিৱাৰ্ট আৰু ৰবাৰ্ট পেটিনছনে ক্ৰমে ইজাবেলা স্বান আৰু এডৱাৰ্ড কালেনৰ চৰিত্ৰ ৰূপায়ণ কৰে। ইয়াৰ চিত্ৰনাট্য মেলিছা ৰোজেনবাৰ্গৰ। ২১ নৱেম্বৰ,২০০৮ত এই ছবিখন আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু ২১ মাৰ্চ,২০০৯ত ডিভিডি হিচাপে মুকলি কৰি দিয়া হয়। ২২ এপ্ৰিল,২০০৯ ত অষ্ট্ৰেলিয়াত এই ডিভিডিখনে মুক্তি লাভ কৰে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ইংৰাজী গ্ৰন্থ আমেৰিকান
4181
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%A4%E0%A7%81%E0%A6%B2%20%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%20%E0%A6%B9%E0%A6%BE%E0%A6%9C%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%BE
অতুল চন্দ্ৰ হাজৰিকা
অতুল চন্দ্ৰ হাজৰিকা ১৯০৩-১৯৮৬) এগৰাকী অসমীয়া কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক। ১৯৫৩ চনৰ পৰা ১৯৫৬ চনলৈ তেওঁ একাদিক্ৰমে তিনিবাৰ অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল। ১৯৫৯ চনৰ অসম সাহিত্য সভাৰ নগাঁও অধিবেশনত তেখেতে সভাপতিত্ব কৰিছিল। অসম সাহিত্য সভাই ১৯৮২ চনত তেখেতক সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰে। হাজৰিকাদেৱে অসমত এক নাট্য আন্দোলনৰ সূচনা কৰি অসমৰ ৰঙ্গমঞ্চসমূহত প্ৰভাৱ পেলাইছিল আৰু তাৰেই ফলত বঙালী নাটকে অসমৰ ৰঙ্গমঞ্চ ত্যাগ কৰিবলৈ বাধ্য হৈছিল। জন্ম তথা প্ৰাৰম্ভিক জীৱন অতুল চন্দ্ৰ হাজৰিকাৰ ১৯০৩ চনৰ ৯ ছেপ্টেম্বৰত গুৱাহাটীত জন্ম হয়। পিতৃৰ নাম ৰমাকান্ত হাজৰিকা আৰু মাতৃৰ নাম নিৰুপমা হাজৰিকা আছিল। অতুল চন্দ্ৰ হাজৰিকাই লতাশিল প্ৰাথমিক বিদ্যালয়ত বাল্য শিক্ষা আৰু মাণিক চন্দ্ৰ বৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষা সমাপ্ত কৰি কটন কলেজিয়েট বিদ্যালয়ত মাধ্যমিক শিক্ষা লাভ কৰে। ১৯২৩ চনত প্ৰৱেশিকা পৰীক্ষাত তিনিটা লেটাৰ নম্বৰ সহ উত্তীৰ্ণ হয়। ১৯২৮ চনত কটন মহাবিদ্যালয়ৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৪৪ চনত অনাঅনুষ্ঠানিক ভাবে পৰীক্ষা দি দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে। ১৯৩০ চনৰ পৰা ১৯৪৮ চনৰ ভিতৰত হাজৰিকাই অসমৰ বিভিন্ন ঠাইত শিক্ষকতা কৰিছিল আৰু সেই সময়তেই আইনৰ স্নাতক ডিগ্ৰী (গুৱাহাটী আৰ্ল ল মহাবিদ্যালয়ৰ পৰা) আৰু বি টি ডিগ্ৰী (চেইণ্ট এডমাণ্ডচ মহাবিদ্যালয়, শ্বিলং) লাভ কৰিবলৈ সমৰ্থ হৈছিল। ১৯৪৮ চনত হাজৰিকাদেৱে কটন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে নিযুক্তি পাইছিল। পিছলৈ কটন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰে। ব্যক্তিগত জীৱন ১৯৩৭ চনত অতুল চন্দ্ৰ হাজৰিকাই সাবিত্ৰী হাজৰিকাৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। তেওঁ গুৱাহাটীৰ উজান বজাৰস্থিত তপোবনত স্থায়ীভাবে বসবাস কৰিব আজীৱন সাহিত্য সেৱাত মনোনিৱেশ কৰিছিল। মৃত্যু ১৯৮৬ চনৰ ৭ জুনত অতুল চন্দ্ৰ হাজৰিকাৰ মৃত্যু হয়। সাহিত্যৰাজি অতুল চন্দ্ৰ হাজৰিকাই সৰ্বমুঠ ১২৪খন গ্ৰন্থৰ ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰি থৈ গৈছে। তাৰ ভিতৰত সংকলন আৰু সম্পাদনা কৰা গ্ৰন্থৰ সংখ্যা ২৪খন, নাটক আৰু নাটক সম্পৰ্কীয় গ্ৰন্থ ৩২খন, গীত আৰু কবিতা গ্ৰন্থ ২৩ খন, শিশুৰ বাবে ৰচিত গ্ৰন্থ ৪০খন আৰু ৫খন বিবিধ বিষয়ক গ্ৰন্থ আছিল। হাজৰিকা দেৱে ১৯২৮ চনত মিলন আলোচনীৰ সম্পাদনা কৰিছিল আৰু কিছুদিন শিশু আলোচনী দীপকৰো সম্পাদনা কৰিছিল। তেওঁ অমিয়কুমাৰ দাসৰ বাঁহীত চিত্ৰদাস ছদ্মনামেৰে অসংখ্য কবিতা প্ৰকাশ কৰিছিল আৰু তেওঁৰ প্ৰথম কবিতাটো আছিল বসন্তকাল। হাজৰিকাৰ অসমীয়া নাট্য ইতিহাসমূলক গ্ৰন্থ মঞ্চলেখা ১৯৬৭ চনত প্ৰকাশ হয় আৰু এই গ্ৰন্থৰ বাবেই তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১৯৭১ চনত তেখেতক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। অসম সাহিত্য সভাৰ লগত ওতপ্ৰোতভাৱে জড়িত হাজৰিকাই ১৯৫৩ চনৰ পৰা একেলেঠাৰীয়ে তিনিবছৰৰ বাবে প্ৰধান সম্পাদকৰ পদত থাকি ১৯৫৬ চনত উপ-সভাপতি নিৰ্বাচিত হয় আৰু ১৯৫৯ চনত নগাঁও জিলাত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনত সভাপতিত্ব কৰে। কবিতা সংকলন বসন্তকাল, পঞ্চজন্য, তপোবন, দিপালী, আৰতি, সন্ধ্যা, মনমাধুৰী, মনিকূট, সুন্দৰৰ আৰাধানা, প্ৰকৃতিৰ সুৰ, মাণিকীমধুৰী, গগনাৰ সুৰ, মুকুতামালা নাট সংকলন নৰকাসুৰ (১৯৩০), বেউলা (১৯৩৯), কনৌজ কুঁৱৰী (১৯৩৩), শকুন্তলা, ছত্ৰপতী শিৱাজী(১৯৪৭), আশুতীৰ্থ, মাৰ্জিয়ানা(১৯৫২), নন্দ দুলাল (১৯৩৫), কুৰুক্ষেত্ৰ (১৯৩৬), শ্ৰীৰামচন্দ্ৰ (১৯৩৭), সাবিত্ৰী (১৯৩৯) ৰুক্মিণীহৰণ (১৯৪৯), চম্পাৱতী (১৯৪৯), দময়ন্তী (১৯৫২), আহুতি (১৯৫২), মানস প্ৰতিম (১৯৫২), ৰংমহল (১৯৫২), পাণীপথ (১৯৫২), বীৰঙ্গনা (১৯৫২), পাণ্ডৱৰ অগ্নি পৰীক্ষা (১৯৫৯), টিকেন্দ্ৰজিত্ (১৯৫৯), নিয্যাতিতা (১৯৫৯), সতী (১৯৫৯), বণিজ কোঁৱৰ, অশ্ৰুতীৰ্থ, আনন্দমঠ, গ্ৰন্থ সংকলন (শিশু উপযোগী) আঙ্কীয়া নাটৰ সাধু, অপেশ্বৰীৰ দেশ, ঈছপৰ সাধু, আইতাৰ দেশ, এণ্ডাৰছনৰ সাধু, উছবৰ ভোগজৰা, কথা-কীৰ্তন, কথা-দশম, কাব্যকথা, কাব্য কাহিনী, গ্ৰীমৰ সাধু, জলকুঁৱৰী, জোনাকী দেশৰ সোণালী সাধু, দিগ্বিজয়, নীলা চৰাই, ভাৰত জেউতি, বিশ্বজ্যোতি, ৰাণী হিমানী, ৰামায়ণৰ ৰহঘৰা, লৰাৰ জাতক, স্বৰ্গতো অধিক জনমভূমি, হাঁহিচম্পা, পাৰিজাত, ৰুনুক জুনুক আত্মজীৱনী সমূহ স্মৃতিলেখা, স্মৃতিৰ পাপৰি, স্মতি, সম্পাদিত গ্ৰন্থ সংকলন বেজবৰুৱাৰ ৰচনাৱলী, জ্যোতিধাৰা উছৱৰ ভোগজৰা, চন্দ্ৰকুমাৰ আগৰৱালা ৰচনাৱলী, অসম সাহিত্য সভাৰ ভাষণাৱলী, অসম ছাত্ৰ সন্মিলনৰ ভাষণাৱলী, সন্মান আৰু স্বীকৃতি ১৯৫৯ চনত তেখেত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়। ১৯৬৯ চনত অসমীয়া নাটৰ পাঁচশ বছৰীয়া ইতিহাস বৰ্ণনা কৰা "মঞ্চলেখা" গ্ৰন্থৰ বাবে হাজৰিকাক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়। ১৯৭১ চনত তেখেতক ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়। অসমীয়া সাহিত্যলৈ তেখেতৰ বৰঙনিৰ বাবে ১৯৮২ চনত অসম সাহিত্য সভাই তেখেতক ‘সাহিত্যাচাৰ্য্য’ উপাধি প্ৰদান কৰে। তথ্য সংগ্ৰহ অসমৰ ব্যক্তি মৃত ব্যক্তি অসমীয়া কবি অসমীয়া নাট্যকাৰ অসমীয়া শিশু সাহিত্যিক অসমীয়া শিক্ষাবিদ অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী বঁটা বিজয়ী অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা
96055
https://as.wikipedia.org/wiki/%E0%A6%B9%E0%A7%83%E0%A6%A6%E0%A6%AF%E0%A6%BC%20%E0%A6%B9%E0%A6%BE%E0%A6%9C%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%BE
হৃদয় হাজৰিকা
হৃদয় হাজৰিকা জন্ম: ১২ জানুৱাৰী ২০০১) এগৰাকী ভাৰতীয় শ্বুটাৰ। ২০১৮ চনৰ জুন মাহত জাৰ্মানীত অনুষ্ঠিত হোৱা আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপত অংশগ্ৰহণ কৰি তেওঁ ব্যক্তিগতভাৱে সোণৰ পদক লাভ কৰে আৰু দলীয়ভাৱে দিব্যাংশু আৰু চাহু মানেইৰ সৈতে খেলি নতুন বিশ্ব অভিলেখ গঢ়ি ১৮৭৫.৩ নম্বৰসহ সোণৰ পদক লাভ কৰিছিল। ২০২৩ চনৰ মে' মাহত আজাৰবাইজানৰ বাকু চহৰত অনুষ্ঠিত আই এছ এছ এফ শ্বুটিং বিশ্বকাপৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষৰ শাখাত তেওঁ ৰূপৰ পদক অৰ্জন কৰে। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ২০০১ চনৰ ১২ জানুৱাৰী তাৰিখে লখিমপুৰত হৃদয় হাজৰিকাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ড॰ শৰৎ হাজৰিকা আৰু মাতৃ ইভা শইকীয়া। তেওঁৰ পিতৃ ড॰ শৰৎ হাজৰিকা নাৰায়ণপুৰত অৱস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক। তেওঁ ২০১৩ চনত ১২ বছৰ বয়সতে লখিমপুৰ জিলাৰ পথালি পাহাৰ অৱস্থিত শংকৰদেৱ মহাবিদ্যালয়ৰ শ্বুটিং ৰেঞ্জত ১০ মিটাৰ এয়াৰ ৰাইফলৰ শিক্ষা আৰম্ভ কৰিছিল। ২০১৮ চনত হৃদয় হাজৰিকাই গুৱাহাটীৰ চাউথ পইণ্ট স্কুলৰ পৰা দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰপিছত তেওঁ একেখন বিদ্যালয়ৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হয়। খেলুৱৈ জীৱন ২০১৪ চনত তেওঁ ৫৭ তম ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভাৰতীয় নিৰ্বাচন ট্ৰায়ালৰ বাবে যোগ্যতা অৰ্জন কৰে। তেতিয়াই তেওঁ যুৱ (১৮ বছৰ অনুৰ্ধ), জুনিয়ৰ (২১ বছৰ অনুৰ্ধ) আৰু চিনিয়ৰ শাখাত সোণৰ পদক অৰ্জন কৰে। ২০১৫ চনত তেওঁ কেৰালাত অনুষ্ঠিত হোৱা ৩৫ তম ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰে। একেবছৰে তেওঁ যুৱ শাখাত নতুন ৰাষ্ট্ৰীয় অভিলেখসহ ৰাষ্ট্ৰীয় ৰাইফল এছ'চিয়েছনৰ কুমাৰ সুৰেন্দ্ৰ সিং সোঁৱৰণী শ্বুটিং প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে। ২০১৬ চনত হৃদয় হাজৰিকাই প্ৰথম বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰে। ইৰানৰ তেহৰানত অনুষ্ঠিত হোৱা নৱম এছিয়া এয়াৰ গান প্ৰতিযোগিতাত অংশ লৈ তেওঁ দলীয়ভাৱে ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়। সেই বছৰতে তেওঁ ভাৰতৰ পুনেত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ ৬০তম জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে। ২০১৭ চনত যুৱ তেওঁ নতুন দিল্লীত অনুষ্ঠিত হোৱা আই এছ এছ এফ বিশ্বকাপত অংশগ্ৰহণ কৰে। একে বছৰে তেওঁ জাপানত অনুষ্ঠিত হোৱা দশম এছিয়ান এয়াৰ গান চেম্পিয়নশ্বিপত দলীয় শাখাত সোণৰ পদক লাভ কৰে। ২০১৮ চনৰ জুন মাহত জাৰ্মানীত অনুষ্ঠিত হোৱা আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপত অংশগ্ৰহণ কৰি ব্যক্তিগতভাৱে সোণৰ পদক লাভ কৰে আৰু দলীয়ভাৱে দিব্যাংশু আৰু চাহু মানেই ৰ লগত খেলি নতুন বিশ্ব অভিলেখ (১৮৭৫.৩ নম্বৰ) সহ সোণৰ পদক লাভ কৰে। একে বছৰৰে জুলাই মাহত চেক গণৰাজ্যত অনুষ্ঠিত হোৱা খেলত ব্যক্তিগতভৱে ব্ৰঞ্জ, দলীয়ভাৱে ব্ৰঞ্জ আৰু ত শ্ৰেয়া আগৰৱালৰ সৈতে খেলি ৰূপৰ পদক লাভ কৰে। ২০১৯ চনত হৃদয় হাজৰিকাই জাৰ্মানীত অনুষ্ঠিত হোৱা জুনিয়ৰ বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দলীয়ভাৱে ৰূপৰ পদক লাভ আৰু ত ব্ৰঞ্জৰ পদক লাভ কৰে। ব্যক্তিগতভাৱে মাত্ৰ ০.৮ ব্যৱধানত পদক লাভ কৰিবলৈ সক্ষম হয়। ত প্ৰাৰম্ভিক পৰ্যায়ত মেহলী ঘোষৰ লগত খেলি ৬২৮.১ পইণ্ট লাভ কৰি জুনিয়ৰ শাখাত বিশ্ব অভিলেখ স্থাপন কৰে। একে বছৰতে ভূপালত অনুষ্ঠিত হোৱা জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰে। ২০১৯ চনত কুৱেইটত অনুষ্ঠিত হোৱা দশম এছিয়ান এয়াৰ গান চেম্পিয়নশ্বিপত হৃদয় হাজৰিকাই ইভাভেনিল ভেলাৰিভান ৰ সৈতে খেলি ০২.১ পইণ্টেৰে নতুন বিশ্ব অভিলেখসহ সোণৰ পদক লাভ কৰে। এইখন খেলত হৃদয়ে, অৰ্জুন আৰু দিব্যাংশৰ সৈতে দলীয়ভাৱে খেলি ৰূপৰ পদক লাভ কৰে। ২০২০ চনত তৃতীয় খেল' ইণ্ডিয়া যুৱক্ৰীড়াত অংশ লৈ হৃদয় হাজৰিকাই জুনিয়ৰ শাখাত ব্যক্তিগতভাৱে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ২০২২ চনত কেৰালাত অনুষ্ঠিত হোৱা ৬৫ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিঙ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত হৃদয় হাজৰিকাই ৰূপৰ পদক লাভ কৰিছিল। ২০২৩ চনত আজেৰবাইজানৰ বাকু চহৰত অনুষ্ঠিত হোৱা এই এছ এছ এফ বিশ্বকাপৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষৰ শাখাত তেওঁ ৰূপৰ পদক অৰ্জন কৰে। ২০২৩ চনৰ ২৬ মে' তাৰিখে খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াত তেওঁ কটন বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি ১০ মিটাৰ এয়াৰ ৰাইফল প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰে। প্ৰশিক্ষণ হৃদয় হাজৰিকায়ে গুৱাহাটী, নতুন দিল্লী আৰু কুৱেইটত প্ৰশিক্ষণ গ্ৰহণ কৰিছে। নতুন দিল্লীৰ কৰ্ণি সিং শ্বুটিং ৰেঞ্জত তেওঁ প্ৰশিক্ষণ লৈছিল আৰু তেওঁৰ প্ৰশিক্ষক দীপক কুমাৰ দুবে। তেওঁৰ খেলৰ কাৰণে অলিম্পিক গোল্ড কোৱেষ্ট আৰু অইল ইণ্ডিয়া লিমিটেডে পৃষ্ঠপোষকতা কৰিছে। তথ্য উৎস ভাৰতৰ ক্ৰীড়া শ্বুটাৰ অসমৰ ব্যক্তি জীৱিত ব্যক্তি অসমীয়া
76440
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%95%E0%A7%8D%E0%A6%95%E0%A6%BE%E0%A6%A8%20%E0%A6%9B%E0%A7%82%E0%A7%B0%E0%A6%BE
মক্কান ছূৰা
মক্কান ছূৰাবোৰ হৈছে, অনুমিত প্ৰকাশৰ সময় আৰু প্ৰাসংগিক পৃষ্ঠভূমি (আচবাব আল-নুজুল), কালানুক্ৰমিকভাৱে কোৰআনৰ আগৰ অধ্যায়বোৰ (ছূৱাৰ, একক ছূৰা)। ১৯২৪ চনৰ ইজিপ্তীয় মানক সংস্কৰণৰ দ্বাৰা গ্ৰহণ কৰাৰ পিছত ইবনে আব্বাছৰ দ্বাৰা আৰোপিত পৰম্পৰাগত কালানুক্ৰমিক ক্ৰমব্যাপকভাৱে স্বীকৃত হৈছিল। মক্কান অধ্যায়বোৰ ইছলামী নবী মুহাম্মাদ আৰু তেওঁৰ অনুগামীসকলৰ মক্কাৰ পৰা মদিনালৈ (হিজৰা) প্ৰব্ৰজনৰ আগতে যিকোনো সময়তে প্ৰকাশ পাইছিল বুলি ধাৰণা কৰা হয়। মদিয়ান ছূৰাবোৰ সেই অনুমিত উন্মোচন যিবোৰ পদক্ষেপৰ পিছত ঘটিছিল। মক্কান ছূৰা সাধাৰণতে মদিয়ান ছূৰাতকৈ চুটি, তুলনামূলকভাৱে চুটি ছূৰা (আয়াত), আৰু বেছিভাগ কোৰআনৰ শেষৰ ফালে আহে। (সাধাৰণ নিয়ম অনুসৰি, কোৰআনৰ অধ্যায়বোৰ দীঘলীয়াৰ পৰা আটাইতকৈ চুটিলৈ আদেশ দিয়া হৈছে। মুকাত্তা'ত থকা বেছিভাগ অধ্যায় মক্কান। ছূৰাবোৰক 'মক্কান' আৰু 'মদিয়ান'ত বিভক্ত কৰাটো মুখ্যতঃ শৈলীগত আৰু বিষয়গত বিবেচনাৰ পৰিণাম। এই সময়বোৰত অধ্যায়বোৰৰ শ্ৰেণীবিভাজন আয়াতৰ দৈৰ্ঘ্য আৰু কিছুমান মুখ্য ধাৰণা বা শব্দৰ উপস্থিতি বা অনুপস্থিতিৰ দৰে কাৰকৰ ওপৰত আধাৰিত (যেনে ঈশ্বৰৰ নাম হিচাপে আৰ-ৰহমান)। মক্কান ছূৰাৰ বৈশিষ্ট্যসমূহ মক্কান ছূৰাৰ কিছুমান বিশেষত্ব নিম্নলিখিত বোৰ, ৭ আৰু ৮ নম্বৰ হৈছে শৈলীগত বৈশিষ্ট্য, আৰু অন্তিম ৪টা বিষয়বস্তু আৰু বিষয়ৰ বিশেষত্ব: যিকোনো অধ্যায়ত এটা ছূৰা আছে যিয়ে আল্লাক প্ৰণাম কৰিবলৈ আদেশ দিয়ে মক্কান, অধ্যায় ১৩ ৰ বাহিৰে আৰু ২২। কাল্লা শব্দথকা যিকোনো অধ্যায় (কেতিয়াও নহয়) মক্কান, আৰু কেৱল কোৰআনৰ দ্বিতীয়াৰ্ধত হে পোৱা যায়। যিকোনো অধ্যায়ত বাক্যাংশটো ব্যক্তিগত, কিন্তু অ' আপুনি বাক্যাংশ নাই যি বিশ্বাস কৰে যে অধ্যায় ২২-ৰ বাহিৰে মক্কান। প্ৰাৰম্ভিক আখৰমুকাত্তাতৰ সৈতে আৰম্ভ হোৱা যিকোনো অধ্যায় হৈছে মক্কান, অধ্যায় ২,৩ আৰু ১৩ ৰ বাহিৰে। আদম আৰু ইবলিছৰ কাহিনীৰ সৈতে সম্পৰ্কিত যিকোনো অধ্যায় (অৰ্থাৎ চয়তান) হৈছে মক্কান, অধ্যায় ২-ৰ বাহিৰে। পূৰ্বৱৰ্তী ভৱিষ্যতবক্তা আৰু তেওঁলোকৰ লোকসকলৰ কাহিনীৰ সৈতে সম্পৰ্কিত যিকোনো অধ্যায় হৈছে মক্কান, অধ্যায় ২-ৰ বাহিৰে। চুটি ছূৰা, আৰু শক্তিশালী আকৰ্ষণীয় শৈলী আৰু ছন্দময় শব্দ। বাৰে বাৰে গুৰুত্ব, উপদেশ, উপমা আৰু শপত ব্যৱহাৰ কৰা। আল্লাৰ ওপৰত বিশ্বাস, নৰক আৰু স্বৰ্গৰ (স্বৰ্গ) বিচাৰ দিৱস আৰু বৰ্ণনাৰ ওপৰত গুৰুত্ব দিয়া, অধ্যায় ২-ৰ বাহিৰে। ভাল নৈতিক আৰু সৰ্বজনীন চৰিত্ৰ যেনে সত্যতা, আত্মীয়, বৃদ্ধ আৰু চুবুৰীয়াৰ প্ৰতি দয়া আদি পালন কৰিবলৈ আহ্বান জনাব। বহুধৰ্মীসকলৰ সৈতে তৰ্ক আৰু আল্লাৰ সৈতে তেওঁলোকৰ সম্পৰ্কীয় অংশীদাৰসকলক খণ্ডন কৰা। পূৰ্বৱৰ্তী বাৰ্তাবাহকৰ কাহিনীৰ জৰিয়তে বহুধৰ্মীসকলক সতৰ্ক কৰি দিছিল যেতিয়া তেওঁলোকৰ লোকসকলক শাস্তি দিয়া হৈছিল যেতিয়া তেওঁলোকে তেওঁলোকৰ বাৰ্তাটো প্ৰত্যাখ্যান কৰিছিল। মক্কান ছূৰাৰ কালানুক্ৰমিক ক্ৰম আবু আল-কাছিম 'উমাৰ ইবন মুহাম্মাদ ইবনে 'আব্দ আল-কাফি'ৰ দ্বাৰা প্ৰস্তাৱিত এটা কালানুক্ৰমিক আদেশ আৰু "পৰম্পৰাগত ক্ৰম" বুলি বিবেচনা কৰা হৈছে ৮৬টা অধ্যায়ৰে গঠিত, নিম্নলিখিত ধৰণে: ৯৬, ৬৮, ৭৩, ৭৪, ১, ১১১, ৮১, ৮৭, ৯২, ৮৯, ৯৩, ৯৪, ১০৩, ১০০, ১০৮, ১০২, ১০৭, ১০৯, ১০৫, ১১৩, ১১৪, ১১২, ৫৩, ৮০, ৯৭, ৯১, ৮৫, ৯৫, ১০৬, ১০১, ৭৫, ১০৪, ৭৭, ৫০, ৯০, ৮৬, ৫৪, ৩৮, ৭, ৭২, ৩৬, ২৫, ৩৫, ১৯, ২০, ৫৬, ২৬, ২৭, ২৮, ১৭, ১০, ১১, ১২, ১৫, ৬, ৩৭, ৩১, ৩৪, ৩৯, ৪০, ৪১, ৪২, ৪৩, ৪৪, ৪৫, ৪৬, ৫১, ৮৮, ১৮, ১৬, ৭১, ১৪, ২১, ২৩, ৩২, ৫২, ৬৭, ৬৯, ৭০, ৭৮, ৭৯, ৮২, ৮৪, ৩০, ২৯, ৮৩ থিওডৰ নোলডেক (পিছলৈ নোলডেক-শ্ৱালী কালক্ৰম বুলি জনা যায়) ৯০টা অধ্যায়ৰে গঠিত এক পৃথক কালানুক্ৰমিক ক্ৰমৰ প্ৰস্তাৱ দিছিল, নিম্নলিখিত ধৰণে: মহম্মদৰ অভিযানৰ প্ৰথমৰ পৰা পঞ্চম বছৰলৈ ৯৬, ৭৪, ১১১, ১০৬, ১০৮, ১০৪, ১০৭, ১০২, ১০৫, ৯২, ৯০, ৯৪, ৯৩, ৯৭, ৮৬, ৯১, ৮০, ৬৮, ৮৭, ৯৫, ১০৩, ৮৫, ৭৩, ১০১, ৯৯, ৮২, ৮১, ৫৩, ৮৪, ১০০, ৭৯, ৭৭, ৭৮, ৮৮, ৮৯, ৭৫, ৮৩, ৬৯, ৫১, ৫২, ৫৬, ৭০, ৫৫, ১১২, ১০৯, ১১৩, ১১৪, ১ তেওঁৰ অভিযানৰ পঞ্চম আৰু ষষ্ঠ বছৰ: ৫৪, ৩৭, ৭১, ৭৬, ৪৪, ৫০, ২০, ২৬, ১৫, ১৯, ৩৮, ৩৬, ৪৩, ৭২, ৬৭, ২৩, ২১, ২৫, ১৭, ২৭, ১৮ সপ্তম বছৰৰ পৰা হিজৰালৈ: ৩২, ৪১, ৪৫, ১৬, ৩০, ১১, ১৪, ১২, ৪০, ২৮, ৩৯, ২৯, ৩১, ৪২, ১০, ৩৪, ৩৫, ৭, ৪৬, ৬, ১৩ প্ৰথম মক্কান ছূৰা প্ৰথম মক্কান কালৰ অৰ্থ হৈছে প্ৰথম সময় য'ত মুহাম্মাদে উন্মোচন লাভ কৰা আৰম্ভ কৰিছিল। প্ৰথম মক্কান ছূৰা হৈছে সেই সময়ছোৱাত প্ৰকাশ িত অধ্যায়। তেওঁলোকে ৰাজহুৱা পৰিৱেশ প্ৰতিফলিত কৰে য'ত তেওঁলোকক ভাগ-বতৰা কৰা যেন লাগে আৰু তেওঁলোকৰ গাঁথনি আৰু দৈৰ্ঘ্যৰ বাবে, সেইবোৰ এনেদৰে উপস্থাপন কৰা যেন লাগে যি মৌখিকভাৱে মনত ৰখা আৰু পাৰ হোৱাটো অতি সহজ হ'ব, উল্লেখ কৰিব নোৱাৰি যে বহুতো ছূৰা প্ৰাৰম্ভিক লিটাৰ্জিৰ সময়ত ব্যৱহাৰ কৰা দেখা যায়। সেইবোৰ কোৰানৰ অন্যান্য অধ্যায়তকৈ তুলনামূলকভাৱে চুটি কিন্তু গাঁথনিৰ ক্ষেত্ৰত অধিক বৈচিত্ৰ্যপূৰ্ণ। আন পৰৱৰ্তী ছূৰাবোৰৰ তুলনাত, প্ৰথম মক্কান যুগৰ ছূৰাবোৰে তেওঁলোকৰ দৈৰ্ঘ্য কম হোৱা স্বত্বেও অধিক ছড়া ব্যৱহাৰ কৰে। তেওঁলোকে অতি চুটি হোৱাৰ পৰা, পাঁচটাতকৈ কম ছূৰাৰ অনুচ্ছেদ (উদাহৰণ স্বৰূপে ছূৰা হ'ল ৯৭, ১০৩, ১০৫, ১০৮ আৰু ১১১) ৰ পৰা দুটা (ছূৰা ৮১, ৯১), তিনি (ছূৰা ৮২, ৮৪, ৮৬, ৯০, ৯২) বা চাৰিটা ছূৰা (ছূৰা ৯৮, ৮৯) গোটত সংগঠিত কৰা লৈকে স্থান লাভ কৰে। ইয়াৰে কিছুমান ছূৰো এক সন্তুলিত ত্ৰিপাক্ষিক গাঁথনিও গ্ৰহণ কৰে যি আৰম্ভ হয় আৰু শেষ হয়। এই ছূৰাবোৰৰ মুখ্য বিষয়বস্তু মানৱজাতিক উপস্থাপন কৰাৰ চাৰিওফালে ঘূৰি আছে যে প্ৰকৃতিৰ শক্তিক এক জোৰদাৰ সুৰত অন্তৰ্ভুক্ত কৰা শপত সূত্ৰৰ ব্যৱহাৰৰ জৰিয়তে ঈশ্বৰৰ অস্তিত্ব কিমান স্পষ্ট। আমি বিশেষকৈ ছূৰাৰ প্ৰসংগটোৱে সভ্যতাক ধ্বংস কৰা দেখিছোঁ আৰু তেওঁলোকৰ ধ্বংসক ঈশ্বৰৰ ইচ্ছা বুলি ঘোষণা কৰিছোঁ। ঈশ্বৰপৃথিৱী আৰু স্বৰ্গৰ সৃষ্টিকৰ্তা হোৱাৰ ওপৰত আৰু তাৰ মাজত থকা সকলো বোৰ আৰু লগতে তেওঁৰ অগম্য উদাৰতাৰ ওপৰত এক চাপ দিয়া হয়। ইয়াৰ উপৰিও, কিছুমান ছূৰো সাধাৰণতে মানুহৰ নৈতিকতা আৰু মূল্যবোধৰ বিষয়ে কয়, বিশেষকৈ মানুহে ঈশ্বৰৰ শক্তিৰ দ্বাৰা নম্ৰ হোৱা উচিত, তেওঁলোকে এক অপব্যয়ী জীৱন যাপন কৰা উচিত নহয়, বিশেষকৈ দৰিদ্ৰ লোকসকলৰ সৈতে প্ৰেম আৰু ভাগ বতৰা কৰা উচিত নহয়। শেষত কিন্তু নহয় এই ছূৰাবোৰত এচাটোলজিকেল ভৱিষ্যতবাণী আছে। যদিও পৰৱৰ্তী ছূৰাবোৰৰ দৰে বৰ্ণনা কৰা হোৱা নাই, এই ভৱিষ্যতবাণীবোৰে লোকসকলক সাধাৰণতে বিচাৰ দিৱসৰ অস্তিত্ব আৰু ইয়াত অন্তৰ্ভুক্ত থকা সকলোবোৰ (ছূৰা ১০৩, ৬৮ ইত্যাদি) সম্পৰ্কে জানিবলৈ এক ভাবুকিপূৰ্ণ সুৰেৰে দেখা যায়, কিন্তু লগতে, সেইবোৰত স্বৰ্গৰ কিছুমান অধিক দৃশ্যমান ব্যাখ্যা আছে। দ্বিতীয় মক্কান ছূৰা দ্বিতীয় মক্কান যুগত ২১টা ছূৰা আছে। এই ছূৰাবোৰৰ দৈৰ্ঘ্য গড়ে বাৰৰ পৰা বিশটা শব্দাংশৰ মাজত থাকে। কিছুমান ছূৰাত পঞ্চাশতকৈও কম আয়া আছে, আনহাতে আন কিছুমানৰ যেনে ছূৰা ২০, "তা-হা"ত ১০০ টাতকৈও অধিক ছূৰা আছে। এই ছূৰাবোৰৰ পৃথক বৈশিষ্ট্য থকাটো প্ৰয়োজনীয় নহয়, যিদৰে প্ৰথম আৰু তৃতীয় মক্কান যুগৰ ছূৰাবোৰে কৰে, কিন্তু ইয়াৰ পৰিৱৰ্তে আগৰ আৰু পিছৰ মক্কান ছূৰাদুয়োটাৰ বিশেষত্বৰ মিশ্ৰণ প্ৰদৰ্শন কৰে। এই মধ্যম সুৰাবোৰে আয়াতটোৰ ত্ৰিপাক্ষিক গাঁথনি ৰখা আৰু সম্প্ৰসাৰিত কৰে। আৰ্নষ্টৰ মতে, এই গাঁথনিঅনুসৰণ কৰা ছূৰা (প্ৰাক-ইছলামিক আৰৱ কবিতাত সচৰাচৰ) প্ৰথম আৰু তৃতীয় শাখাবোৰ চুটি হ'ব যি পৰিসৰ আৰু দৰ্শকৰ মাজত ইজনে সিজনৰ সমান্তৰাল। তৃতীয় শাখাটো "সাধাৰণতে এক সমৃদ্ধিৰ সৈতে সমাপ্ত হ'ব।" এই অংশবোৰে কিছু ডাঙৰ মধ্যম শাখা ৰচনা কৰে, যিহৈছে "সাধাৰণতে ভৱিষ্যতবাণী আৰু সংগ্ৰামৰ বৰ্ণনা।" এই ছূৰাবোৰে আগৰ মক্কান ছূৰাৰ তুলনাত কম শপত ব্যৱহাৰ কৰে, কিন্তু অবিশ্বাসীসকলৰ ক্ষেত্ৰত অধিক সংঘাতপূৰ্ণ দৃষ্টিভংগী লয়। এই সময়ছোৱাত কিছুমান ছূৰাই একনায়কতাবাদী সেৱাৰ দৰে এক ৰূপ গ্ৰহণ কৰে, যিটো প্ৰায়ে পিছৰ মক্কান ছূৰাত দেখা যায়। উদাহৰণস্বৰূপে, ছূৰা ২০ ৰ আৰম্ভণি হৈছে ঈশ্বৰৰ মাহাত্ম্যৰ বিষয়ে ঘোষণা কৰা এটা অংশৰ দ্বাৰা, আৰু তাৰ পিছত লগে লগে মোচিৰ বিষয়ে এটা কাহিনীলৈ ৰূপান্তৰিত হয়। দীঘলীয়া কাহিনীটো শেষ হোৱাৰ পিছত, কাহিনীটোৰ অৰ্থ বুজাবলৈ কেইবাটাও ছূৰা সমৰ্পিত হয়, বিশেষকৈ যিহেতু ই অবিশ্বাসীসকলৰ সৈতে সম্পৰ্কিত। আগৰ আৰু পিছৰ মক্কান ছূৰাৰ উপাদানৰ উপস্থিতিৰ বাবে, মধ্য মক্কান যুগৰ ছূৰাবোৰে সময়ৰ লগে লগে কোৰ্নিক উন্মোচনৰ ক্ৰমান্বয়ে বিকাশৰ উদাহৰণ দিয়ে, যিহেতু মুহাম্মাদৰ সম্প্ৰদায় লাহে লাহে বৃদ্ধি আৰু পৰিৱৰ্তন হৈছিল। এইটো এই কথাত প্ৰকাশ পাইছে যে দ্বিতীয় মক্কান যুগৰ ছূৰাবোৰ স্ব-প্ৰসংগৰ প্ৰতি প্ৰৱণ, য'ত কোৰআনত নিজৰ অস্তিত্বৰ বিষয়ে উল্লেখ কৰিবলৈ "কোৰআন" (আবৃত্তি বা কুৰান) আৰু "কিতাব" (কিতাপ) ব্যৱহাৰ কৰা হয়, য'ত উল্লেখ কৰা হৈছে যে প্ৰকৃততে ঈশ্বৰৰ পৰা এটা পবিত্ৰ বাৰ্তা আহিছে। এই আয়াতবোৰৰ পৰা বিতৰ্ক ৰৈ গৈছে, য'ত শব্দটোৰ অস্তিত্বৰ প্ৰশ্নটো তৰ্ক কৰা হৈছে। কিছুমানে বিশ্বাস কৰে যে কোৰআন ঈশ্বৰৰ সৈতে সকলো সময়ৰ বাবে বিদ্যমান/বিদ্যমান আছিল, আনহাতে আন কিছুমানে বিশ্বাস কৰে যে কোৰআন তেওঁৰ ভৱিষ্যতবাণীৰ পৰা মুহাম্মাদৰ আৰৱ লোকসকলৰ বাবে কেৱল শব্দ আছিল। তৃতীয় মক্কান ছূৰা এই সময়ছোৱা মুহাম্মাদৰ ৰাজহুৱা মন্ত্ৰালয়ৰ আৰম্ভণিৰ পৰা হিজৰা, বা এবিচিনিয়ান প্ৰব্ৰজনলৈ চিহ্নিত কৰা হয়। ইউছুফ আলীৰ অনুবাদ অনুসৰি, তৃতীয় মক্কান কালৰ অৰ্থ হৈছে সপ্তম বছৰৰ পৰা হিজৰালৈ, প্ৰায় 619-622 খ্ৰীঃ। এই সময়ছোৱাত কুৰাইশৰ দ্বাৰা মুহাম্মাদ আৰু মুছলমানসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিশেষত্ব আছে যিহেতু ই তেওঁৰ বংশ হাচেমলৈ বিস্তাৰিত হৈছিল। গোত্ৰটোক মুহাম্মাদৰ সুৰক্ষা ৰক্ষা কৰিবলৈ প্ৰেৰিত কৰিবলৈ, কুৰাইশে হাচেম বৰ্জন কৰিছিল। এই সময়ৰ পৰা প্ৰকাশ িত হোৱা আৱিষ্কাৰবোৰৰ বিশেষত্ব হৈছে পুনৰুত্থান, স্বৰ্গ আৰু বিচাৰ দিৱসৰ বৰ্ণনা।এই সময়ছোৱাত, ত্ৰিপাক্ষিক গাঁথনিটো দীঘলীয়া আৰু কম জটিল গাঁথনিৰ বাবে পৰিত্যাগ কৰা হয়, যি এক প্ৰকাৰৰ সংগ্ৰহ দেখুৱায় যি এতিয়াও পণ্ডিতসকলৰ বাবে ৰহস্য হৈ আছে। সেইবোৰত বেছিভাগ বিশ্বাসী সম্প্ৰদায়ৰ দীঘলীয়া ঠিকনা থাকে (এই সময়ত বহুত ডাঙৰ)। লগতে মুহাম্মাদক কেৱল ঈশ্বৰৰ বাৰ্তা প্ৰেৰণ কৰা মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ঈশ্বৰে পোনপটীয়াকৈ সম্বোধন কৰিবলৈ আৰম্ভ কৰে। এই সময়ৰ ছূৰাবোৰে বিশ্বাসীসকলে বিৰোধিতা আৰু অসুবিধাৰ সন্মুখীন হ'লেও কেনেধৰণে কাম কৰা উচিত তাক দেখুৱায়। তৃতীয় মক্কান যুগলৈ, সম্পূৰ্ণ বুকুৰ, বহল চকু ৰখা আৰু কুমাৰী ছোৱালীৰ সংবেদনশীল প্ৰতিচ্ছবিৰ সলনি পতি-পত্নীৰ প্ৰসংগ ৰখা হৈছে। তৃতীয় মক্কান যুগৰ এন৭৮/ই৬ও: 'তেওঁলোকৰ পিতৃ, তেওঁলোকৰ পত্নী আৰু সন্তানৰ যিকোনো ব্যক্তিয়ে সন্মানজনক ভাৱে কাম কৰিছে' তৃতীয় মক্কান কাললৈ মুহাম্মাদ আৰু মুছলমানসকলে পৰ্যাপ্ত সমৰ্থন লাভ কৰিছিল। প্ৰাৰম্ভিক মক্কান কালত, কামুক কুমাৰীসকলৰ এই সংবেদনশীল বৰ্ণনা আৰু প্ৰলোভনবোৰ মক্কান পৌত্তলিকসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল, অৱশ্যে তৃতীয় মক্কান যুগৰ লক্ষ্যবোৰ পৌত্তলিকসকলক আকৰ্ষিত কৰাৰ বাবে নহয় কিন্তু ঈশ্বৰৰ বাক্যক উপাসনা কৰাক কেন্দ্ৰ কৰি এক আইন পালনকাৰী সম্প্ৰদায়ক উৎসাহিত আৰু উৎসাহিত কৰিবলৈ পুনৰ সংৰেখিত কৰা হৈছিল। ছূৰাসমূহৰ কালক্ৰমৰ সম্পূৰ্ণ পুনৰ নিৰ্মাণৰ বিষয়ে আলোচনা কৰা হৈছে। চাওক মদিয়ান ছূৰা কোৰআনৰ ছূৰাসমূহৰ তালিকা প্ৰসংগসমূহ কোৰআন ইছলাম
72654
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%87%E0%A6%A4%E0%A7%87%E0%A6%95%E0%A7%80%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%80%20%E0%A6%B8%E0%A6%A4%E0%A7%8D%E0%A7%B0
শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰ
শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰখন অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত বালিপৰাৰ বালিগাঁও নামৰ ঠাইত অৱস্থিত। এই সত্ৰখনক সাধাৰণতে চিপহা সত্ৰ বুলি ক'ব লাগিছিল। কিন্তু বিশেষ কৰাণত ইয়াৰ স্থাপিত ইতিহাসৰ বাবে এই সত্ৰখনৰ নাম শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰ দিয়া হয় তলৰ ইতিহাসত পাব। এই সত্ৰখন অসম সত্ৰ মহাসভাৰ লগত পঞ্জিভুক্ত হৈ আছে। বালিপৰা অঞ্চলৰ আটাইতকৈ নৱতম আৰু সক্ৰিয় সত্ৰ হিচাপে এই সত্ৰখনে তথা ইয়াৰ ৰাইজে ভূমিকা গ্ৰহণ কৰি আহিছে। শ্ৰীশ্ৰীশঙ্কৰ দেৱ আৰু মাধৱ দেৱে গুৰু দুজনাৰ নীতি আদৰ্শৰে সত্ৰৰ প্ৰতিষ্ঠা দিৱস হিচাপে বৰ সভা আৰু ভাওনা প্ৰদৰ্শন আদিৰে উদযাপন কৰা হয়। বিশেষ ভাৱে অঞ্চলটিৰ নৱপ্ৰজন্ম-শিশু সকলক সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰাৰ বাবে এই সত্ৰই বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইতিহাস হৰিনাম গুপ্ত ভৈল মনুষ্যত পূজা ৰৈল বুলি ৰঙ্গ কৰে দেৱ সৰ্ব্ব। হেন হৰিনাম ধৰ্ম শঙ্কৰে বিদিত কৰি চুৰ কৈলা দোৱতাৰ গৰ্ব্ব।। ১০২ (নামঘোষা) পুৰাতত্ব বা লিখিত তথ্যৰ অভাৱত বংশানোক্ৰমে বসাবাস কৰি অহা ৰাইজৰ চৰ্চা আৰু স্থাপক সত্ৰাধীকাৰৰ বংশৰ মাধ্যমে যোগোত কৰা তথ্য অনুপাতে এই সত্ৰৰ ইতিহাস দাঙি ধৰা হৈছে। তেজপুৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ উত্তৰ দিশলৈ আগবাঢ়ি আহি, বানৰজাৰ ৰাজধানী ভালুকপুঙৰ দাঁতিকাষৰীয়া অঞ্চল, এসময়ত ভৰলী নদীয়ে সুঁতি সলাই এৰি যোৱা বালিচৰ। যত লাহে লাহে বিভিন্ন জনগোষ্টীৰ লোকে খেতি-জীৱিকাৰ সন্ধানত আহি ইয়াত বসতি ঘন হৈ আহিল। বানৰ পুত্ৰ ভালুক ৰজাৰ অধিনত থকা এই ঠাই খিনিত সেই সময়তে নানা মঠ-মন্দিৰ গঢ়ি উঠিছিল। মিচং, কছাৰী, বড়ো আৰু আদিবাসী লোকেৰে সজ্জিত্ব এই ঠাই খন বৰ্তমান বালিপৰা নামেৰে পৰিচিত। কৰ্মজীৱি লোকৰ বসতি থকা অঞ্চল সমূহত ভক্তিৰ সঞ্চাৰ কিৰবলৈ আগতে বিভিন্ন ঠাইৰ পৰা ঋষিমুনি-পণ্ডিত সকল আহি লোকবিশ্বাস অনুসৰি মন্দিৰ আদিৰ প্ৰতিষ্ঠা কৰিছিল। কালক্ৰমে গুৰু দুজনাৰ শিষ্য সকলে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ হেতু এই চৰ অঞ্চল সমূহত নিজৰ বাহাৰ পাতিব ধৰিলে। সময়ে সময়ে তেওঁলোক এই অঞ্চলত পদাৰ্পন কৰি বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ জ্ঞান বিতৰণ কৰিবলৈ নামঘৰ, কীৰ্ত্তনঘৰ আদিৰ নিৰ্মাণ কৰিলে। তাৰেই প্ৰমাণ হিচাবে বালিপৰাৰ বৰ্তমানৰ ভকতগাঁওত শ্ৰীশ্ৰীদিক্ষণপাট সত্ৰৰ শাখা সত্ৰ অৱস্থিত, এৰাগাঁওত শ্ৰীশ্ৰীকমলাবাৰী সত্ৰ শাখা সত্ৰ অৱস্থিত। এই সত্ৰ সমূহ আজিৰ পৰা প্ৰায়ে তিনিশ বছৰ আগেয়ে প্ৰতিষ্ঠা কৰাৰ তথ্য পোৱা গৈছে। সমান্তৰাল ভাৱে প্ৰতিখন গাঁৱত প্ৰাৰ্থনাৰ বাবে ৰাইজে নিজাববীয়া নামঘৰ, থপনা আদিৰ প্ৰতিষ্ঠা কৰি লৈছিল। এই সময়ত অন্ধবিশ্বাসেই হওঁক বা স্বপ্ন যনিত কাৰণ অথবা ভক্তিৰ স্থল হিচাপে বহুতু ধাৰ্মীক স্থান গঢ়লৈ উঠিছিল। ইংৰাজ শাসিত দিনতে বালিপৰা আদাবাৰি চাহ বাগিচাৰ কাষত যি অসমীয়া জনজাতি লোকৰ বাসবাস আছিল সেই গাঁও সমূহ ক্ৰমে পাটগাঁও, বালিগাঁও, বোকাগাঁও, মাজুলিগাঁও, ভেৰভাৰী গাঁও। আলি ইটোপাৰে এৰাগাঁও, কমাৰীগাঁও আৰু কাষতে আদিবাসী লোক সকলৰ বসবাস ফুলবাৰী চাহ বাগান, বামগাঁও চাহ বাগান আছিল। বালিপৰাৰ বালিগাঁওত লোকবিশ্বাস অনুযায়ী এজোপা বৰগছৰ তলত এখন ডাঙৰীয়া থান আছিল। যাক গাঁও ৰাইজে বিপদে আপদে পুজা-পাতল কৰি সন্তুষ্ট কৰি অহাৰ প্ৰয়াস কৰিছিল। এই থানখনক লাড়ু গোপাল থান নামে জনাজাত আছিল। এই থানৰ মহত্ব দেখি শ্ৰীকৃষ্ণৰ লাড়ু গোপাল গোঁসাইৰ ৰূপৰ মুৰ্ত্তি এভাগ স্থাপন কৰা হৈছিল। যিদৰে বৰ্তমানৰ লখৰা বাগানৰ মাজৰ শ্ৰীকলিয়া গোঁসাই থান প্ৰসিদ্ধ, সেই সময়ত যাত্ৰীৰ নানা মনোকামনা পূৰ্ণ কৰাৰ বাবে লাড়ুগোপাল থানটো যাত্ৰীৰ আগমন ঘটিছিল। লাহে লাহে সকলো সত্ৰৰ পৰাই সত্ৰাধিকৰা, শিষ্য সকল আহি জিৰণী লোৱা বা ভাড় লব অহা পৰিলক্ষিত হল। এই থানৰ যোগসূত্ৰে গাঁওখনৰ ৰাইজে নিজ নিজ সমৰ্থৰে গুৰু ধৰি শৰণ-ভোজন লব ধৰিলে। সেই থানখনৰ কিনাৰতে বৰমহৰী প্ৰয়াত কলিৰাম শইকীয়া বাসঘৃহ। পশ্চিমফালে পোৱালী মহৰী প্ৰয়াত বেথাৰাম ভূঞাৰ বাহগৃহ। যাত্ৰীৰ আগমন দেখি বৰমহৰীয়ে নিজৰ দখলত থকা মাটিৰ অংশতে থানখন পৰিপাতিকৈ সজোৱাৰ ব্যৱস্থা কৰিলে। কালক্ৰমে ইংৰাজৰ শাসন কালতে এই গাঁৱলৈ এখন এল.পি. স্কুলৰ আৱন্ত ঘটে। স্কুলখন স্থাপন কৰিবলৈ স্থান বিচাৰি বৰমহৰী ওচৰ পোৱাত গোপাল থান খনৰ কিনাৰতে স্থাপনৰ ব্যৱস্থা কৰে। বেটনীবাৰি লগতে খাল হৈ থকা ঠাই দুখৰ ৰাইজৰ সহযোগিতাত স্কুলখন প্ৰতিষ্ঠা কৰে। এই স্কুল খনতেই ১৯১৮ চনত প্ৰধান শিক্ষক ৰূপে প্ৰয়াত নন্দেশ্বৰ গোস্বামী দেৱে যোগদান কৰে। প্ৰয়াত নন্দেশ্বৰ গোস্বামী দেৱ আছিল সেইসময়ৰ তেজপুৰ কেতেকীবাৰী স্থিত শ্ৰীশ্ৰীচুপহা সত্ৰৰ সত্ৰাধিকাৰ। শিক্ষকতাৰ বাবে তেওঁ আহি গোপাল থানৰ পৰিবেশ দেখি নিজৰ জ্ঞানৰ ভড়াল সিচৰিত কৰাৰ প্ৰয়াস কৰিব ধৰিলে। স্কুলৰ সময়ৰ বাদে বেছি সময় ধৰ্মলোচনাত গোপাল থানতে কতাব ললে। লগতে তেওঁ স্বাধিনতা আন্দোলনৰ প্ৰাচাৰৰ কামটো গাঁও গাঁও ঘূৰিছিল, সেই সূত্ৰে বৰ্তমানৰ মাজুলীগাঁওৰ নিবাসী প্ৰয়াত কাশী মেধিৰ লগত ঘনিষ্ট হৈ পৰিল। গোস্বামীদেৱ সত্ৰাধিকাৰ বুলি জনাৰ পিছত কাশী মেধি ডাঙৰীয়াই সত্ৰীয়া সংস্কৃতি, ৰিতী-নীতি শিকাৰ বিশেষ আগ্ৰহ কৰে। মেধী দেৱৰ জৰিয়তে চাৰিখন গাঁওৰ লোক তেওঁৰ লগত জড়িত হল। এনেতে গোস্বামীদেৱৰ অৱসৰৰ সময় আহি পৰিল। ১৯২৩ চনত এল.পি. স্কুলখন স্থানন্তৰ হৈ এম.ভি. স্কুল হয়। আৰু গোস্বামীদেৱৰ পৰিবৰ্তে প্ৰয়াত আদ্য শৰ্মা দেৱ প্ৰধান শিক্ষকৰূপে যোগদান কৰে। গোস্বামীদেৱে অৱসৰ লোৱাৰ পিছত মেধি ডাঙৰীয়াই খুব আগ্ৰহৰে গোপাল থনাতে সত্ৰীয়া শিক্ষাৰ প্ৰচাৰৰ ব্যৱস্থা কৰে। এল.পি. স্কুলখন উঠি যোৱা, খালী ঠাই দোখৰ গোপাল থানৰ নামতে চৰকাৰিভাৱে ৬৯৭নং দাগৰ ৩কঃ১২লোঃ মাটি সংৰক্ষণ কৰে। আৰু গঞা ৰাইজৰ সহযোগিতাত থান খন শালকাঠৰ খুটা, বাঁহ-বেট, খেৰ আদিৰে আহল-বহল কৰি নিৰ্মান কৰা হয়। বালিগাঁও, মাজুলীগাঁও, বোকাগাঁও, পাটগাঁওকে লৈ সকলো গাঁওৰ ৰাইজে সহায় হাত আগবঢ়াই। সেই সময়ৰ বালিগাঁও নিবাসী প্ৰয়াত কুশ বড়া, ঘন দাস, ৰজনীকান্ত দাস, নিবাৰণ দাস, বুদ্ধিৰাম দাস, কান্দুৰা দাস, হাবিমলৌ দাস, গোপাল দাস, বেথাৰাম ভূঞা, কলিৰাম শইকীয়া আৰু মাজুলীগাঁওৰ কাশী মেধিৰ বিশেষ অৰিহণা আছিল। থানখন আহল-বহল হোৱাত ৰাইজৰ আগ্ৰহ বৃদ্ধি পালে আৰু নন্দেশ্বৰ গোস্বামী দেৱৰ লগত বিশেষভাৱে যোগাযোগ কৰা হল। এনে দৰে দিক্ষাৰ প্ৰসংগত ১৯২৪ চনৰ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনৰ আবিৰ্ভাব তিথি দিনাই প্ৰয়াত নন্দেশ্বৰ গোস্বামী দেৱে লগত তেজপুৰৰ শ্ৰীশ্ৰী নিকামূল সত্ৰৰ সত্ৰাধিকাৰ ধৰ্ম ৰত্ন প্ৰয়াত গ্ৰহণ গোস্বামী দেৱক লৈ আনি এই লাড়ু গোপাল থানতে মনিকূটত সিংহাসন স্থাপন কিৰ সত্ৰ ৰূপে স্থাপন কৰে। তেজপুৰ কেতেকীবাৰীৰ শ্ৰীশ্ৰীচুপহা সত্ৰৰ সত্ৰাধিকৰা আৰু ভকত সকলৰ নীতিৰে স্থাপন কৰা এই সত্ৰ খনৰ নামকৰাণো শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰ বুলিৱে ৰখা হয়। সেই সময়ত এই সত্ৰৰ মেধী ৰ দায়িত্ব প্ৰয়াত কাশী মেধি দেৱকে প্ৰেৰণ কৰে। প্ৰায়ভাগ সময় শৰণ-ভোজন দিবলৈ সত্ৰাধিকাৰ আহিব ধৰে। তেওঁৰ বৈকুণ্ঠ গমনৰ পিছত তেওঁৰ পুত্ৰ প্ৰয়াত মুক্তেশ্বৰ গোস্বামী দেৱে ইয়াৰ খা-খবৰ লৈ আহিছিল। তেওঁ চাহ বাগান কৰ্মসূত্ৰে ব্যস্ত থকাৰ বাবে বিশেষ সময় দিব নোৱাৰিছিল। সেই সময়ৰ জামুগুৰি হাটৰ শ্ৰীশ্ৰী কৰতিপাৰ সত্ৰৰ বুঢ়াসত্ৰাধিকাৰ প্ৰায়ে পদযাত্ৰা কৰি আহে আৰু এই কেতেকীবাৰী সত্ৰতে জিৰণী লয় লগতে ভক্ত সকলৰ লগত এখন্তেক ধৰ্মলোচনা কৰে। বুঢ়াসত্ৰাধিকাৰ বিয়োগ ঘটাৰ পিছত তেওঁৰ পুত্ৰ সত্ৰাধিকাৰ প্ৰয়াত দেৱেশ্বৰ গোস্বামী (সংস্কৃত প্ৰৱক্তা, তেজপুৰ দৰং মহাবিদ্যালয়) তেখেতো আহি এই সত্ৰতে প্ৰায়ে বিশ্ৰাম তথা শাস্ত্ৰ অধ্যয়ণ কৰিছিল। লাহে লাহে তেজপুৰৰ বৰালীমৰা সত্ৰ, দক্ষিণপাট সত্ৰ, বিভিন্ন সত্ৰৰ শিষ্য সমূহে ভাৰ নিব আহি এই সত্ৰত জিৰনী লয়। লগতে বিভিন্ন জনক শৰণ-ভোজন-দিক্ষা দিয়া প্ৰচলন হল। লাহে লাহে সত্ৰখনৰ উন্নয়ণ হব ধৰিলে। বালিগাঁও উন্নয়ন সমিতিৰ তত্বাবধানত সত্ৰখন ১৯৯৫ চনত পকীকৰণ আৰু ২০০৮ চনত নৱনিৰ্মান কৰা হয়। ২০১১ চনত ইয়াৰ প্ৰবেশ পথৰ মুখত তোৰণৰ স্থাপন কৰা হয়। বৰ্তমান এই সত্ৰ তেজপুৰৰ শ্ৰীশ্ৰীচুপহা সত্ৰ, কেতেকীবাৰীৰ সত্ৰাধিকাৰ প্ৰয়াত মুক্তেশ্বৰ গোস্বামী দেৱৰ দ্বিতীয় পুত্ৰ ডেকা সত্ৰীয়া শ্ৰীযুত কৰুণা গোস্বামীদেৱে দিহা পৰামৰ্শ আগবঢ়াই। কিন্তু সত্ৰ পৰিচালনা তথা নীত কৰ্ম নামঘৰীয়া আৰু গাঁৱৰ ৰাইজৰ দ্বাৰা কৰা হয়। সত্ৰ হলেও ফলপষু হোৱা গোপাল থানৰ ভক্ত সকলে প্ৰতিবছৰে মাঘ মাহত সমান্তৰাল ভাৱে এই সত্ৰতে ভোগ আদি লগাবলৈ আহে। দিনক দিনে এই থানৰ মহিমা বিয়পি পৰাত দূৰ-দূৰণিৰ যাত্ৰীৰ আগমন ঘটিব ধৰে। সকলোৱে এতিয়া শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰ বুলিয়ে পৰিচিত হল। কিন্তু এই সত্ৰৰ বিগ্ৰহ এতিয়াও জাগ্ৰত। লোকবিশ্বাস মতে সন্তান প্ৰাপ্তি তথা পুত্ৰ সন্তানৰ আশা পূৰ্ণ কৰা বহু প্ৰমাণ জলন্ত হৈ আছে। সেয়েহে বছৰৰ মাঘ, বহাগ, জেষ্ঠ আৰু ভাদ মাহত ইয়াৰ যাত্ৰীৰ আগমন ঘটে। সত্ৰাধিকাৰ অবিহনেও এই সত্ৰখন সত্ৰীয়া সংস্কৃতি ধৰি ৰখাত অঞ্চলটোৰ ভিতৰতে সুনাম আছে। এই সত্ৰৰ শিষ্য বুলি নহয়, বিভিন্ন সত্ৰৰ শিষ্যৰে এই সত্ৰৰ ভকত-বৈষ্ণৱ একত্ৰিত হৈ বাৰ্ষিক কৰ্ম সমূহ পালন কৰি আহিছে। বাৰ্ষিক কৰ্ম সমূহ গোপিনীৰ পানীতোলা, ভৰলী ভোগ, বৰ সভা, বাৰ্ষিক ভাওঁনা, ভাদ মহীয়া নাম, মহাপুৰুষ শংকৰ-মাধৱ দেৱৰ তিথি সমূহ আৰু শংকৰ উতসৱত ভাগৱত ভ্ৰমণ আদি। এই সকলো কৰ্ম পূৰণা নীতি-নিয়মৰ মাজেৰেই বংশানুক্ৰমে চলি আছে। বালিপৰা অঞ্চলত শ্ৰীশ্ৰী কেতেকীবাৰী সত্ৰ, বালিগাঁও আৰু শ্ৰীশ্ৰীকমলাবাৰী শাখা সত্ৰ, এৰাগাঁওৰ মাজত নীতি-নিয়ম, বাদ্যৰ তাল-মানৰ সম্পূৰ্ণ মিল আছে। ঐতিহ্যবহন কৰা এই দুইগাঁৱৰ সুৰ-সঞ্চাৰ, তাল-মান, ভাওনাৰ শৈলী বহু সুন্দৰ আৰু উন্নতমানৰ। বৰ্তমান সময়ত সমগ্ৰ অসমৰ লগত একাকাৰ কৰাৰ প্ৰয়াস চলিছে যদিও নিজাববীয়া ভাৱে এই সত্ৰ দুখনে যোৰা-ঘাট আদি এৰি দিয়া নাই। বৰ্তমান এই সত্ৰখনক আকৌ নতুনৰূপ দিয়া হয় ২০২০চনত। ইয়াৰ মাজভাগত এখন আসন বহুৱা হয়। লগতে হনুমান আৰু গুৰুণ্ডৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰা হয়। বাটচূড়া আৰু জয়-বিজয়ৰে সু-সজ্জিত কৰি সত্ৰখন আতক ধূনীয়া কৰি তুলা হৈছে। এতিয়া এই সত্ৰত বিবাহ, অন্নপ্ৰসন আদিৰ বাবেও সু ব্যৱস্থা কৰি যাত্ৰী সকলক সকাহ আগবঢ়াইছে। এই সত্ৰৰ আত ধৰোতা সকল তথা স্থাপক সত্ৰাধিকাৰৰ বংশ-কুতুম শ্ৰীশ্ৰী মহাপুৰুষ শঙ্কৰদেৱে গুৰুজনাৰ নাতী ঁপুৰুষোত্তম ঠাকুৰ পুৰুষৰ বংশ হোৱা বাবে পুৰুষ সংহতি ৰ নিয়মৰ মাজত আহি পৰে। শুনামতে এসময়ত গহপুৰৰ ব্ৰহ্মপুত্ৰ পাৰত শ্ৰীশ্ৰীচুপহা সত্ৰ নৈৰ সুতত ধ্বংস মূখে যোৱা দেখি সত্ৰখন এটা পুৰুষে গহপুৰৰ বৰ্তমানৰ ব্ৰহ্মাজানৰ হাতিবন্ধ গাঁওত শ্ৰীশ্ৰীচুপহা সত্ৰ স্থাপন কৰে। আৰু ১৬২৬ চনত এটা পুৰুষ উঠি আহি তেজপুৰৰ ভৰলীৰ সুতি ফাটি যোৱা পুষ্পভদ্ৰ নৈৰ কাষত বৰ্তমানৰ কেতেকীবাৰীত শ্ৰীশ্ৰীচুপৰা সত্ৰ স্থাপন কৰে। বংশক্ৰমে তেজপুৰৰ এই সত্ৰখনৰে সত্ৰাধিকাৰ হয় গৈ নন্দেশ্বৰ গোস্বামী দেৱ। যিজনে শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰ স্থাপন তথা নামাকৰণ কৰে।
42527
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A6%BE%E0%A6%A8%E0%A6%A8%E0%A7%8D%E0%A6%A6%20%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%B9%E0%A7%8D%E0%A6%AE%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%80
কৃষ্ণানন্দ ব্ৰহ্মচাৰী
কৃষ্ণানন্দ ব্ৰহ্মচাৰী ১৮৯৬–১৯৯১) অসমৰ এগৰাকী সমাজসেৱক, সমাজ সংস্কাৰক, ধৰ্মগুৰু, আৰু স্বাধীনতা সংগ্ৰামৰ মুক্তি যুঁজাৰু আছিল। জন্ম কৃষ্ণানন্দ ব্ৰহ্মচাৰীৰ ১৩০৩ চনৰ ২২ আঘোণ (১৮৯৬ চনৰ ৬ ডিচেম্বৰ) তাৰিখে বৰপেটা জিলাৰ অন্তৰ্গত বাউসী পৰগণাৰ তিতাপানী মৌজাৰ বালাগাঁৱত জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল সভাৰাম চৌধুৰী আৰু মাতৃৰ নাম গোধুলীপ্ৰিয়া চৌধুৰী। পিতৃদত্ত নাম আছিল ভবেন্দ্ৰ চৌধুৰী। শিক্ষা ভবেন্দ্ৰ চৌধুৰীৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় আবাদী গাঁৱৰ প্ৰাইমাৰী স্কুলত। প্ৰাইমাৰী পাছ কৰাৰ পিছত অভয়াপুৰী এম.ই স্কুলত ৪ৰ্থ শ্ৰেণীলৈ পঢ়ে। অভয়াপুৰী এম.ই স্কুলৰ পৰা গৈ সৃজনগ্ৰাম (বৰঘোলা) মাইনৰ স্কুলত ভৰ্তি হয়। তাৰ পৰাই মাইনৰ পাছ কৰে। সৃজনগ্ৰাম মাইনৰ স্কুলৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত হাইস্কুলত পঢ়াৰ বাবে কোচবিহাৰৰ দিনহাটালৈ যায়, পিছত তেওঁ সেই সময় গোৱালপাৰা (ধুবুৰী)ৰ গৌৰীপুৰলৈ উভতি আহে আৰু গৌৰীপুৰৰ স্কুলত তেওঁ নৱম শ্ৰেণীলৈ পঢ়িছিল। ইয়াৰ পিছতেই তেওঁৰ পঢ়াশালীয়া জীৱনৰ এটা অধ্যায়ৰ অন্ত পৰে। গৌৰীপুৰত পঢ়ি থাকোঁতেই ভবেন্দ্ৰ চৌধুৰীয়ে লগ পাইছিল শিক্ষক আশুতোষ মুখোপাধ্যায়ক। এইজনা ব্যক্তিৰ পৰা ভবেন্দ্ৰ চৌধুৰীয়ে ব্ৰহ্মচৰ্যৰ জ্ঞান লাভ কৰে। সেই সময়তে আত্মানন্দ স্বামী নামৰ এজন তান্ত্ৰিক গুৰুৰো তেওঁ সান্নিধ্য লাভ কৰে আৰু তেওঁৰ পৰাই তান্ত্ৰিক সাধনাৰ শিক্ষা লাভ কৰে। তান্ত্ৰিক সাধনাত তেওঁ যেতিয়া সিদ্ধি লাভ কৰিছিল তেতিয়াৰে পৰা লোক সমাজত তেওঁ জনাজাত হ'ল ভবেন্দ্ৰ ব্ৰহ্মচাৰী ৰূপে। ভবেন্দ্ৰ ব্ৰহ্মচাৰী ১৯৩১ চনলৈ একেৰাহে বাৰ বছৰ কাল নিৰুদ্দেশ হৈ থাকে। সেই সুদীৰ্ঘ কালছোৱাত তেওঁ ভাৰতবৰ্ষৰ নানা তীৰ্থস্থান ভ্ৰমণ কৰে আৰু বহুতো যোগী, পৰম হংস, স্বামী সাধু-সজ্জন, পণ্ডিত আৰু নানা ধৰ্মৰ ধৰ্মগুৰুৰ সাঙ্গী হৈ থাকি বিভিন্ন ধৰ্মৰ তত্ত্ববোৰ শাস্ত্ৰ অধ্যয়ন আৰু সাধনাৰ দ্বাৰা আয়ত্ত কৰে। তেওঁ শাস্ত্ৰ আয়ত্ত কৰি সাধনাতো সিদ্ধি লাভ কৰাৰ পিছত লোক সমাজত গৈ ধৰ্ম প্ৰচাৰ কৰিবলৈ ৰামকৃষ্ণ পৰমহংস দেৱৰ আদেশ পায়। তেতিয়া তাৰ পৰা আহি অযোধ্যাত কিছুদিন থাকে। অযোধ্যাত থকা কালত বিজ্ঞ সমাজৰ লগত হোৱা ধৰ্মতত্ত্ব বিষয়ক তৰ্ক যুদ্ধত জয়ী হৈ তেওঁ স্বামী উপাধি লাভ কৰে। তেতিয়াৰ পৰাই তেওঁ শ্ৰীমৎ স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰী নামে জনাজাত হয়। কৰ্মজীৱন ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ নেতৃত্ব বহন কৰিছিল গোপীনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন আদি বৰেণ্য ব্যক্তিয়ে। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, পণ্ডিতপ্ৰৱৰ কনক চন্দ্ৰ শৰ্মা আদি কেবাজনো বিশিষ্ট নেতা আৰু মুক্তি যুঁজাৰুৰ সঙ্গী হৈ কৃষ্ণানন্দদেৱে ভাৰতৰ এই স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল, যাৰ ফলত ১৯২৩ চনত দুবাৰকৈ নগাঁও আৰু চিলেট জেলত সশ্ৰম কাৰাবৰণ কৰিবলগীয়া হৈছিল। চিলেট জেলত থাকোঁতে তেওঁ "শ্ৰীমদ্ভাগৱত গীতা"খন অসমীয়ালৈ তৰ্জমা কৰে। তাৰ বাহিৰেও তেওঁৰ আৰু কেবাখনো অপ্ৰকাশিত ধৰ্মপুথি আছে যদিও তেওঁৰ প্ৰকাশিত ধৰ্মগ্ৰন্থ "শ্ৰীশ্ৰীনামঘোষা ভাবামৃত"খন হৈছে তেওঁৰ জীৱনৰ উল্লেখযোগ্য সৃষ্টি। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত স্বামী কৃষ্ণানন্দদেৱে মাণিকপুৰৰ পৰাই বলিষ্ঠ নেতৃত্ব দিছিল। পিছত পুলিচৰ হাতত ধৰা পৰাৰ ভয়ত বংগলৈ পলাই গৈ আত্মগোপন কৰিবলগীয়াও হৈছিল। অৱশ্য ভাৰত স্বাধীন হোৱাৰ পাছত ভাৰত চৰকাৰে তেওঁক তাম্ৰফলি প্ৰদান কৰি মুক্তি যুঁজাৰু ৰূপে সন্মানিত কৰে। ১৯৪৬ চনত মাণিকপুৰত প্ৰতিষ্ঠা কৰা হয় পূব বিজনী হাইস্কুল (বৰ্তমান মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়)। এই বিদ্যালয়খন স্বামী কৃষ্ণানন্দদেৱৰ প্ৰেৰণাতেই ঠন ধৰি উঠিছিল। তেখেতে হাইস্কুলখনৰ সভাপতি পদো অলংকৃত কৰিছিল। ১৯৫১ চনত ৩৯ নং বিজনী সমষ্টিৰপৰা আৰু ১৯৫৭ চনত ৩৫ নং কোকৰাঝাৰ দ্বৈত সমষ্টিৰ পৰা কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱ দুবাৰকৈ অসম বিধানসভাৰ বিধায়ক নিৰ্বাচিত হৈছিল। কৃষ্ণানন্দদেৱে মাণিকপুৰত এখন বৃহৎ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, এখন পশু চিকিৎসালয়, উন্নয় খণ্ডৰ কাৰ্যালয়, ডাকঘৰ, এটি পুলিচ আউট পোষ্ট আদি ভালেমান অনুষ্ঠান স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তেওঁ প্ৰতিষ্ঠা কৰি থৈ যোৱা সত্ৰসমূহ: মাণিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰ মৰিগাঁও গোবিন্দ ভৱন গীতা সত্ৰ বজালী (ডুমুৰীয়া) গোবিন্দ ভৱন গীতা সত্ৰ ভোটেপোৱাবড়ী গোবিন্দ ভৱন গীতা সত্ৰ বিদ্যাপুৰ গোবিন্দ ভৱন গীতা সত্ৰ দেবীতোলা গোবিন্দ ভৱন গীতা সত্ৰ মদাতি গোবিন্দ ভৱন গীতা সত্ৰ ঝগৰাৰপাৰ গোবিন্দ ভৱন গীতা সত্ৰ ভাওৰাগুৰী গোবিন্দ ভৱন গীতা সত্ৰ শাকদল গোবিন্দ ভৱন গীতা সত্ৰ টাকুৱামাৰী গোবিন্দ ভৱন গীতা সত্ৰ বাকলা গোবিন্দ ভৱন গীতা সত্ৰ নলঙ্গীবাৰী (নিশিগঞ্জ) গোবিন্দ ভৱন গীতা সত্ৰ ফুলবাড়ী গোবিন্দ ভৱন গীতা সত্ৰ ঘৰিয়ালভাংগা গোবিন্দ ভৱন গীতা সত্ৰ তদুপৰি আন আন ঠাইতো সত্ৰ প্ৰতিষ্ঠা কৰি একশৰণ নামধৰ্ম প্ৰচাৰ কৰিছিল। মৃত্যু তেওঁ ১৩৯৭ চনৰ ৯ চ'ত (ইংৰাজী ১৯৯১ চনৰ ২৪ মাৰ্চ), ৰামনৱমী তিথিত মৃত্যুবৰণ কৰে। তথ্যসূত্ৰ অসমৰ ব্যক্তি মৃত ব্যক্তি অসমৰ স্বাধীনতা
11045
https://as.wikipedia.org/wiki/%E0%A6%B9%E0%A7%87%E0%A6%AA%E0%A6%BE%E0%A6%9F%E0%A6%BE%E0%A6%87%E0%A6%9F%E0%A6%BF%E0%A6%9B%20%E0%A6%AC%E0%A6%BF
হেপাটাইটিছ বি
হেপাটাইটিছ বি হৈছে হেপাটাইটিছ বি ভাইৰাছৰ সংক্ৰমণৰ ফলত হোৱা যকৃতৰ প্ৰদাহ সৃষ্টিকাৰী ৰোগ। পূৰ্বে "ছিৰাম হেপাটাইটিছ" নামৰে জনা যোৱা এই ৰোগে এছিয়া আৰু আফ্ৰিকাৰ কোনো কোনো অঞ্চলত মহামাৰীৰ সৃষ্টি কৰিছে, আৰু চীনত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি। বিশ্বৰ মুঠ জনসংখ্যাৰ এক-তৃতীয়াংশৰ জীৱনকালত এবাৰ হ'লেও সংক্ৰমণ হয়। ইয়াৰে ৩৫০ নিযুত লোক ৰোগটোৰ দীৰ্ঘদিনীয়া বাহক হিছাপে থাকে। ভাৰতত এই ৰোগৰ বাহকৰ সংখ্যা প্ৰায় ৪০ নিযুত। সংক্ৰামক তেজ বা শৰীৰ ৰস যেনে বীৰ্য আৰু যোনী ৰসৰ জৰিয়তে (অসুৰক্ষিত যৌন সম্পৰ্ক) ভাইৰাছটো দেহত প্ৰবেশ কৰে। দীৰ্ঘদিনীয়া বাহকৰ লেলাউটি, চকুপানী আৰু প্ৰস্ৰাৱত ভাইৰাছৰ ডি এন এ ধৰা পেলোৱা হৈছে। উন্নয়নশীল দেশসমূহত মাকৰ পৰাও সন্তানলৈ প্ৰসৱকালত ভাইৰাছবিধ যাব পাৰে। সংক্ৰমণৰ আন কাৰকসমূহ হ'ল চিকিৎসাক্ষেত্ৰত জড়িত থকা, ৰক্ত সঞ্চাৰণ আৰু ডায়ালাইচিছ, আকুপাংচাৰ, টাটুকৰণ, দীঘলীয়া বিদেশ ভ্ৰমণ আৰু কোনো চিকিৎসা প্ৰতিষ্ঠানত বসতি। হাতেৰে চুলে, লগে-ভাগে খালে, চুমা খালে, সৱাটিলে, কাঁহ মাৰিলে, হাঁচি মাৰিলে আৰু দুগ্ধপান কৰালে হেপাটাইটিছ বি ভাইৰাছৰ সংক্ৰমণ নহয়। ৰোগ আৰম্ভ হোৱাৰ ছমাহলৈকে ইয়াক "একিউট" সংক্ৰমণ বোলা হয় কাৰণ ৰোগৰ পৰা আৰোগ্য হোৱা গড় সময় ইমানেই। ৬ মাহতকৈ বেছি সময় তেজত ভাইৰাছতো থাকিলে তাক "ক্ৰ'নিক" সংক্ৰমণ বুলি কোৱা হয়। একিউট ৰোগৰ ফলত যকৃতৰ প্ৰদাহ, বমি, পাণ্ডুৰোগ, আৰু কাচিৎ মৃত্যু হ'ব পাৰে। ক্ৰ'নিক হেপাটাইটিছ বি-ৰ ফলত পিছলৈ চিৰ'চিছ আৰু যকৃতৰ কৰ্কট ৰোগ হ'ব পাৰে। হেপাটাইটিছ বি প্ৰতিষেধকৰ জৰিয়তে সংক্ৰমণ ৰোধ কৰিব পাৰি। হেপাটাইটিছ বি ভাইৰাছ এবিধ (যকৃতৰ প্ৰতি আকৰ্ষিত)ৰ পৰা আৰু কাৰণ এইটো এটা ডি এন এ ভাইৰাছ। ইয়াৰ বৃত্তাকাৰ জিন'ম আংশিক দ্বিসূত্ৰীয় ডি এন এৰে গঠিত। পৰিৱৰ্তিত লিপ্যন্তৰৰ জৰিয়তে এটা মধ্যৱৰ্তী আৰ এন এৰ যোগেদি ভাইৰাছটোৰ অণুকৃত্যায়ন ঘটে। এই প্ৰক্ৰিয়া ৰেট্ৰ'ভাইৰাছৰ লগত মিলে। অণুকৃত্যায়ন যকৃতত ঘটে যদিও ভাইৰাছটো তেজৰে গোটেই শৰীৰত বিয়পি পৰে। সংক্ৰমণ হোৱা ব্যক্তিৰ তেজ পৰীক্ষা কৰিলে ভাইৰেল প্ৰ'টিন আৰু তাৰ বিৰুদ্ধে প্ৰতিকণা পোৱা যায়। চিহ্ন আৰু লক্ষণসমূহ হেপাটাইটিছ বি ভাইৰাছৰ একিউট সংক্ৰমণৰ পৰা একিউট ভাইৰেল হেপাটাইটিছ হয়। প্ৰথমতে অৰুচি, আভোক, বমি ভাৱ, বমি, অৱসাদ, গাৰ বিষ, পাতলীয়া জ্বৰ, আৰু গাঢ় ৰঙৰ প্ৰস্ৰাৱৰ পৰা গৈ জণ্ডিছ হয়। সকলো প্ৰকাৰৰ হেপাটাইটিছতে গাৰ খজুৱতি হ'ব পাৰে। কেইসপ্তাহমানৰ পিছত বেছিভাগ মানুহেই আৰোগ্য লাভ কৰে। কেইজনমানৰ ৰোগ বাঢ়ি গৈ যকৃতৰ অসমৰ্থতা আৰু মৃত্যু পৰ্যন্ত ঘটিব পাৰে। কোনো কোনো ক্ষেত্ৰত সংক্ৰমণ লক্ষণমুক্তও হ'ব পাৰে। হেপাটাইটিছ বি ভাইৰাছৰ ক্ৰ'নিক সংক্ৰমণ লক্ষণমুক্ত হ'ব পাৰে নাইবা যকৃতৰ ক্ৰ'নিক প্ৰদাহে (ক্ৰ'নিক হেপাটাইটিছ) পিছলৈ চিৰ'চিছৰ সৃষ্টি কৰিব পাৰে। ই যকৃতৰ কৰ্কট ৰোগ হোৱাৰো সম্ভাৱনা বঢ়াই তোলে। ক্ৰ'নিক বাহকসকলক মদ্যপানৰ পৰা বিৰত থাকিবলৈ কোৱা হয় কাৰণ ই চিৰ'চিছ আৰু যকৃতৰ কৰ্কট ৰোগৰ সম্ভাৱনা বঢ়ায়। হেপাটাইটিছ বি ভাইৰাছে ব্ৰেনাছ গ্ল'মেৰুল'নেফ্ৰাইটিছ )ৰ সৃষ্টি কৰিব পাৰে। ১-১০% মানুহৰ যকৃতৰ বাহিৰত অঙ্গত লক্ষণে দেখা দিব পাৰে। সেইসমূহ হ'ল- ছিৰাম নেছ সদৃশ লক্ষণ, একিউট নেক্ৰ'টাইজিং কুলাইটিছ এবিধ ৰক্তনলীকাৰ প্ৰদাহ), ব্ৰেনাছ গ্ল'মেৰুল'নেফ্ৰাইটিছ (বৃক্কৰ প্ৰদাহ), আৰু পেপিউলাৰ এক্ৰ'ডাৰ্মাটাইটিছ অৱ চাইল্ডহুড শিশুকালত হোৱা চালৰ এবিধ ৰোগ)। একিউট হেপাটাইটিছ বি-ত ছিৰাম নেছ সদৃশ লক্ষণ জণ্ডিছ হোৱাৰ আগতেই হ'ব পাৰে। ইয়াৰ ক্লিনিকেল চিহ্নসমূহ হৈছে জ্বৰ, চাল ৰঙা পৰা আৰু ৰক্তনলীকাৰ প্ৰদাহ। লক্ষণসমূহ জণ্ডিছ হোৱাৰ পিছত কমি যাব পাৰে বা গোটেই একিউট হেপাটাইটিছৰ সময়ছোৱাজুৰি থাকিব পাৰে। একিউট নেক্ৰ'টাইজিং কুলাইটিছ থকা ৩০-৫০% মানুহ হেপাটাইটিছ বি ভাইৰাছ )ৰ বাহক। -ৰ লগত যুক্ত বৃক্কৰ ৰোগ প্ৰাপ্তবয়স্কতো হয় যদিও ইয়াৰ পৰিঘটনা শিশুত বেছি। ব্ৰেনাছ গ্ল'মেৰুল'নেফ্ৰাইটিছ ৰোগ ইয়াৰ ভিতৰত বেছিকৈ হয়। শৰীৰৰ প্ৰতিৰক্ষা তন্ত্ৰৰ প্ৰতিক্ৰিয়াৰ ফলত আন কিছুমান তেজৰ ৰোগ যেনে ছিয়েল ড ক্ৰায়'গ্ল'বুলিনেমিয়া আৰু এপ্লাষ্টিক এনিমিয়া হ'ব পাৰে। ভাইৰাছবিধ গঠন হেপাটাইটিছ বি ভাইৰাছ নাভাইৰাছ" পৰিয়ালৰ সদস্য। ভাইৰাছটোৰ কণা (ভিৰিঅ'ন) বাহিৰৰ এখন স্নেহ পদাৰ্থৰ আৱৰণ আৰু প্ৰ'টিনেৰে তৈয়াৰী চিড কেন্দ্ৰৰে গঠিত। এই চিডে ভাইৰেল ডি এন এ আৰু পৰিৱৰ্তিত লিপ্যন্তৰৰ ক্ষমতা থকা ডি এন এ পলীমেৰেজক আৱৰি ৰাখে। বাহিৰৰ আৱৰণখনত থকা প্ৰ'টিনবোৰে ভাইৰাছটোক আক্ৰান্ত কোষত লাগি ধৰাত আৰু সোমোৱাত সহায় কৰে। ৪২ ব্যাসৰ ভিৰিঅ'নবিশিষ্ট এই ভাইৰাছটো প্ৰাণীজগতৰ সৰু আৱৰণযুক্ত ভাইৰাছৰ অন্যতম। ইয়াৰ আঁহৰ দৰে আৰু গোলাকাৰ বহুৰূপো পোৱা যায়। এই কণাবোৰ সংক্ৰামক নহয়। এইবোৰ স্নেহ পদাৰ্থ আৰু প্ৰ'টিনেৰে গঠিত যি ভিৰিঅ'নৰ উপৰিভাগত থাকে। এইবোৰক পৃষ্ঠ প্ৰতিজনক বা বুলি কোৱা হয়; ভাইৰাছটোৰ জীৱন-চক্ৰত এইবোৰ বেছিকৈ উৎপন্ন হয়। জিন'ম ৰ জিন'ম বৃত্তাকাৰ ডি এন এ'ৰে গঠিত, কিন্তু এয়া অস্বাভাৱিক কাৰণ ডি এন এটো সম্পূৰ্ণ দ্বিসূত্ৰীয় নহয়। সম্পূৰ্ণ দৈৰ্ঘ্যৰ এডাল সূত্ৰ ভাইৰেল ডি এন এ পলীমেৰেজৰ লগত যুক্ত। জিন'মটো ৩০২০-৩৩২০ নিউক্লিঅ'টাইড দীঘল (সম্পূৰ্ণ দৈৰ্ঘ্যৰ সূত্ৰৰ বাবে) বা ১৭০০-২৮০০ নিউক্লিঅ'টাইড দীঘল (চুটি দৈৰ্ঘ্যৰ গুণৰ বাবে)। ঋণাত্মক-ভাৱ (কডিং নকৰা) সূত্ৰ ভাইৰেল বাৰ্তাবাহী আৰ এন এৰ পৰিপূৰক। কোষৰ সংক্ৰমণৰ পিছতেই কোষকেন্দ্ৰত ভাইৰেল ডি এন এ পোৱা যায়। ধনাত্মক-ভাৱ সূত্ৰৰ পৰা আৰ এন এৰ চুটি অংশ এটা আঁতৰি গৈ সম্পূৰ্ণ হ'লে আৰু ঋণাত্মক-ভাৱ সূত্ৰৰ পৰা এটা প্ৰ'টিন অণু আঁতৰি গ'লে আংশিকভাৱে দ্বিসূত্ৰীয় ডি এন এ সম্পূৰ্ণ দ্বিসূত্ৰীয় ডি এন এলৈ পৰিৱৰ্তিত হয়। সংকেত বহন নকৰা ক্ষাৰক ঋণাত্মক-ভাৱ সূত্ৰৰ পৰা আঁতৰ কৰা হয় আৰু মূৰ দুটা লগ লগোৱা হয়। জিন'মটোৱে সংকেত বহন কৰা চাৰিটা জিনৰ কথা জনা যায়- আৰু জিন য়ে কেন্দ্ৰীয় প্ৰ'টিনৰ সংকেত দিয়ে। ইয়াৰ সংকেত আৰম্ভ হোৱাৰ আগতে ত্ৰয়ীসংকেতে পূৰ্ব-কেন্দ্ৰীয় প্ৰ'টিন প্ৰস্তুত কৰে। পূৰ্ব-কেন্দ্ৰীয় প্ৰ'টিনৰ ভংগন প্ৰক্ৰিয়াৰে ৰ সৃষ্টি হয়। জিনে ডি এন এ পলীমেৰেজৰ সংকেত বহন কৰে। জিনে ৰ সংকেত দিয়ে। জিনটোত তিনিটা "আৰম্ভণি" সংকেত থাকে যি জিনটোক তিনিটা ভাগত ভগায়, 1, 2, আৰু একাধিক আৰম্ভণি সংকেত থকা বাবে প্ৰস্তুত হোৱা টাইডো তিনিটা আকাৰৰ হয়- ডাঙৰ, মজলীয়া আৰু সৰু 1 2 2 বা জিনে প্ৰস্তুত কৰা প্ৰ'টিনৰ কাম ভালদৰে জনা নাযায় কিন্তু ই যকৃতৰ কৰ্কট ৰোগৰ বিকাশৰ লগত যুক্ত। ই কোষৰ বৰ্ধনত সহায় কৰে আৰু কোষৰ বৰ্ধন নিয়ন্ত্ৰণ কৰা মৌলবোৰ নিষ্ক্ৰিয় কৰে। অনুকৃত্যায়ন হেপাটাইটিছ বি ভাইৰাছৰ জীৱন চক্ৰ জটিল। হেপাটাইটিছ বি হৈছে জ্ঞাত "পাৰাৰেট্ৰ'ভাইৰাছ"সমূহৰ এবিধ: ৰেট্ৰ'ভাইৰাছৰ দৰে যি পৰিৱৰ্তিত লিপ্যন্তৰকৰ ব্যৱহাৰ কৰে। ভাইৰাছবিধে এক অজ্ঞাত গ্ৰাহকৰ লগ লাগি কোষত প্ৰবেশ কৰে। ভাইৰেল ডি এন এক কোষকেন্দ্ৰলৈ 'চেপাৰন' নামৰ এবিধ প্ৰ'টিনে স্থানান্তৰ কৰে। আংশিকভাৱে দ্বিসূত্ৰীয় ডি এন এ সম্পূৰ্ণ দ্বিসূত্ৰীয় ডি এন এ হোৱাৰ পিছত বন্ধ বৃত্তাকাৰ ডি এন এলৈ ৰূপান্তৰ হয়। ই চাৰিটা ভাইৰেল এম আৰ এন এ সৃষ্টি কৰা কামত সাঁচ হিচাপে ব্যৱহৃত হয়। আটাইতকৈ দীঘল এম আৰ এন এ-টো জিন'মৰ নতুন কপী, চিড কেন্দ্ৰীয় প্ৰ'টিন আৰু ভাইৰেল ডি এন এ পলীমেৰেজ সৃষ্টিৰ কামত ব্যৱহাৰ কৰা হয়। আৰু কিছু সালসলনিৰ পিছত এই চাৰিটা ভাইৰেল ট্ৰান্সক্ৰীপ্ট সন্তান ভিৰিঅ'নলৈ ৰূপান্তৰ হয় আৰু কোষৰ পৰা ওলাই যায়। এইবোৰে পুনৰ একেটা প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। দীঘল এম আৰ এন এ-টো কোষপ্ৰৰসলৈ ঘূৰি আহি ভিৰিঅ'ন পি প্ৰ'টিনে পৰিৱৰ্তিত লিপ্যন্তৰেৰে ডি এন এ সৃষ্টি কৰা কামত সহায় কৰে। চিৰ'টাইপ আৰু জিন'টাইপ ভাইৰাছটোক ইয়াৰ আৱৰণী প্ৰ'টিনৰ এপীট'পক ভিত্তি কৰি চাৰিটা প্ৰধান ছিৰ'টাইপত ভগোৱা হৈছে আনহাতে জিন'মৰ নিউক্লিঅ'টাইড শৃংখলৰ তাৰতম্যক ভিত্তিম কৰি আঠপ্ৰকাৰৰ জিন'টাইপত ভগোৱা হৈছে জিন'টাইপবোৰৰ নিৰ্দিষ্ট ভৌগোলিক বিতৰণ আছে। গতিকে সেই কথাক ভাইৰাছটোৰ ক্ৰমবিকাশ আৰু সংচাৰণৰ তথ্য উলিয়াবলৈ ব্যৱহাৰ কৰিব পাৰি। জিন'টাইপ বেলেগ বেলগ হ'লে ৰোগৰ তীব্ৰতা, সময়, জটিলতা আৰু চিকিৎসাৰ পদ্ধতিও বেলেগ হ'ব পাৰে। জিন'টাইপবোৰত শৃংখলৰ ৮% তাৰতম্য থাকিব পাৰে। ১৯৮৮ চনত প্ৰথমবাৰৰ বাবে ৬ প্ৰকাৰ আৱিষ্কাৰ হৈছিল: আৰু পিছলৈ দুটা প্ৰকাৰ আৱিষ্কাৰ হয় আজিকালি বেছিভাগ জিন'টাইপক উপভাগতো ভগোৱা হয়। জিন'টাইপ বেছিকৈ আমেৰিকা, আফ্ৰিকা, ভাৰত আৰু পশ্চিম ইউৰোপত পোৱা যায়। জিন'টাইপ বেছিকৈ এছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত পোৱা যায়। জিন'টাইপ 1ৰ বিতৰণ জাপানত, 2ৰ চীন আৰু ভিয়েটনামত, 3ৰ ইণ্ডোনেছিয়াত আৰু 4ৰ বিতৰণ ভিয়েটনামত বেছি। এই সকলোবোৰ প্ৰকাৰৰ চিৰ'টাইপ 1। 5 ফিলিপাইনছত বেছিকৈ পোৱা যায়। জিন'টাইপ এছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত বেছি। উপজিন'টাইপ 1 জাপান, কোৰিয়া আৰু চীনত সচৰাচৰ দেখা যায়। 2 উপজিন'টাইপ চীন, দক্ষিণ পূব এছিয়া আৰু বাংলাদেশত, আৰু 3 ওচেনিয়াত দেখা যায়। 4 নিৰ্দিষ্ট 3 অষ্ট্ৰেলিয়াৰ থলুৱা লোকত পোৱা যায়। জিন'টাইপ দক্ষিণ ইউৰোপ, ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত পোৱা যায়। ইয়াক আঠটা উপপ্ৰকাৰত 8) ভগোৱা হৈছে। তুৰ্কীত জিন'টাইপ বেছিকৈ দেখা যায়। জিন'টাইপ বেছিকৈ পশ্চিম আৰু দক্ষিণ আফ্ৰিকাত পোৱা যায়। 1 2) উপভাগত ভগোৱা প্ৰকাৰৰ প্ৰভাৱ মধ্য আৰু দক্ষিণ আমেৰিকাত বেছি। কেন্দ্ৰীয় জিনত ৩৬টা নিউক্লিঅ'টাইড সোমাই থকা জিন'টাইপ ফ্ৰান্স আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত পোৱা যায়। জিন'টাইপ ৰ বিতৰণ মধ্য আৰু দক্ষিণ আমেৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফ'ৰ্নিয়াত বেছি। আফ্ৰিকাত পাঁচটা জিন'টাইপ পোৱা যায়। ইয়াৰে কেনিয়াত ইজিপ্তত আৰু টিউনিছিয়াত দক্ষিণ আফ্ৰিকাত আৰু নাইজেৰিয়াত পোৱা যায়। নতুন বিশ্বত সম্ভৱ জিন'টাইপ ৰ পৰা পৃথক হৈছে। প্ৰক্ৰিয়া ৰোগ-জনন হেপাটাইটিছ বি ভাইৰাছে যকৃত কোষ বা হেপাট'চাইটৰ ভিতৰত ন-ন ভাইৰাছ সৃষ্টি কৰি কামত বিঘিণি জন্মায় আৰু যিটো কোষত থাকে তাকে ধ্বংস কৰিবলৈ আৰম্ভ কৰে। কোষৰ আৱৰণত থকা ইয়াৰ গ্ৰাহকৰ বিষয়ে জনা নাযায়, কিন্তু হাঁহৰ একেধৰণৰ হেপাটাইটিছ বি ভাইৰাছৰ বাবে গ্ৰাহক টিডেইজ" বুলি ভবা হয়। ভিৰিঅ'নে কণা) ভাইৰেল পৃষ্ঠ প্ৰতিজনকৰ ড'মেইনৰ জৰিয়তে কোষত খোপনি পুটে আৰু এণ্ড'চাইট'চিছেৰে ভিতৰলৈ সোমায়। এই কামত আৰু গ্ৰাহকৰ অৱদান বেছি। -নিৰ্দিষ্ট গ্ৰাহকবোৰ মূলতঃ যকৃত কোষত থাকে, কিন্তু যকৃতৰ বাহিৰৰ ঠাইতো কোষীয় গ্ৰাহক থাকিব পাৰে কাৰণ ভাইৰেল ডি এন এ আৰু প্ৰ'টিন সেইবোৰ ঠাইতো পোৱা যায়। সংক্ৰমণত দেহৰ প্ৰতিৰক্ষা ব্যৱস্থাই এহাতে ভাইৰাছটোক নিৰ্মূল কৰিবলৈ চেষ্টা কৰিলেও এই ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ফলত যকৃতৰ কোষৰ ক্ষতি হয়। জন্মগত অসংক্ৰাম্যতাৰ অৱদান ইয়াত কম, পিছত সৃষ্টি হোৱা অভিযোজিত অসংক্ৰাম্যতাইহে ঘাতক লিম্ফ'চাইটেৰে যকৃতৰ ক্ষতি কৰে। বোৰে সংক্ৰমিত কোষবোৰ মাৰি আৰু এণ্টিভাইৰেল চাইট'কাইন প্ৰস্তুত কৰি সংক্ৰমণ কমায়। যদিও প্ৰথম অৱস্থাত বোৰে যকৃতৰ ক্ষতি কৰে, পিছলৈ প্ৰতিজনক অনিৰ্দিষ্ট প্ৰদাহ কোষবোৰেহে বেছিকৈ এই কামত হাত উজান দিয়ে। ঘটনাস্থলীত সক্ৰিয় হোৱা অণুচক্ৰিকাবোৰে যকৃতত জমা হোৱাত সহায় কৰে সংচাৰণ সংক্ৰমিত তেজ বা শৰীৰ ৰসৰ জৰিয়তে হেপাটাইটিছ বি ভাইৰাছৰ সংচাৰণ হয়। সংচাৰণৰ সম্ভাব্য কাৰণ হ'ব পাৰে অসুৰক্ষিত যৌন সম্পৰ্ক, ৰক্ত সঞ্চাৰণ, সংক্ৰামক বেজীৰ ব্যৱহাৰ আৰু জন্মৰ সময়ত মাকৰ পৰা সন্তানলৈ ওলম্ব সৰবৰাহ। কোনো ব্যৱস্থা নল'লে তেজত থকা মাকৰ পৰা সন্তানলৈ জন্মৰ সময়ত ভাইৰাছটো যোৱাৰ ২০% সম্ভাৱনা থাকে। তেজত ও থাকিলে এই হাৰ ৯০%। থকা লেলাউটি আৰু কটা-চিঙা থকা ছাল বা মিউকাছ আৱৰণৰ সংস্পৰ্শ হ'লেও ভাইৰাছবিধ ঘৰৰ মানুহৰ মাজত সৰবৰাহ হোৱাৰ সম্ভাৱনা থাকে। তথাপিও প্ৰায় ৩০% হেপাটাইটিছ বি ৰোগৰ ঘটনাক কোনো সম্ভাব্য কাৰকৰ লগত যুক্ত কৰিব নোৱাৰি। প্ৰতিকাৰৰ অৰ্থে দৰব-জাৰি খোৱাৰ পিছত মাকৰ পৰা সন্তানলৈ এই ভাইৰাছ নাযায় বুলি প্ৰমাণিত হৈছে। ৰোগনিৰ্ণয় এনে ৰোগ নিৰ্ণয়ৰ বাবে কৰা তেজৰ পৰীক্ষাবোৰক বুলি কোৱা হয়। ইয়াত তেজ বা চিৰামত ভাইৰেল প্ৰতিজনক বা আক্ৰান্তৰ দেহত সৃষ্টি হোৱা প্ৰতিদেহ ধৰা পেলোৱা হয়। এই পৰীক্ষাবোৰৰ অৰ্থ উলিওৱাটো অলপ জটিল। হেপাটাইটিছ বি পৃষ্ঠ প্ৰতিজনকক সচৰাচৰ এই ভাইৰাছ সংক্ৰমণৰ সম্ভেদ পাবৰ বাবে ব্যৱহাৰ কৰা হয়। ই সংক্ৰমণকালত তেজত ধৰা পৰা প্ৰথম ভাইৰেল এণ্টিজেন। কিন্তু সংক্ৰমণৰ প্ৰাৰম্ভিক কালত আৰু পিছৰফালে ই ধৰা নপৰিব পাৰে। ভিৰিঅ'নটোত এটা "কেন্দ্ৰীয় কণা"ই ভাইৰেল জিন'মক আৱৰি থাকে। এই কেন্দ্ৰীয় কণা ১৮০-২৪০ কপী কেন্দ্ৰীয় প্ৰ'টিন বা হেপাটাইটিছ বি ক'ৰ এণ্টিজেন বুলি কোৱা হয়। আন মাৰ্কাৰ ধৰা নপৰা ৱিণ্ড' সময়ছোৱাত হেপাটাইটিছ বি ক'ৰ এণ্টিজেনৰ এণ্টিবডী ৰোগটোৰ একমাত্ৰ ছিৰ'ল'জিকেল প্ৰমাণ হ'ব পাৰে। ৰ আৱিৰ্ভাৱৰ কিছুসময় পিছতেই হেপাটাইটিছ বি 'ই' প্ৰতিজনকে ভূমুকি মাৰে। আক্ৰান্তৰ ছিৰামত ওলোৱা মানে ন-ন ভাইৰাছৰ সৃষ্টি আৰু বৰ্দ্ধিত সংক্ৰমণ। কিন্তু হেপাটাইটিছ বি ভাইৰাছৰ কিছুমান পৰিৱৰ্তিত ৰূপে এণ্টিজেন প্ৰস্তুত নকৰে, গতিকে এই নিয়মটোও সদায় নাখাটে। সংক্ৰমণৰ প্ৰাকৃতিক গতিত ক দেহে চাফা কৰি গৈ থাকিব পাৰে আৰু তাৰপিছত প্ৰতিজনকৰ প্ৰতিদেহৰ মাত্ৰা ততালিকে বাঢ়িব। এই ঘটনাৰ লগে লগে সাধাৰণতে ভাইৰাছৰ অনুকৃত্যায়ন কমিবলৈ ধৰে। যদি আক্ৰান্তজনে সংক্ৰমণ আঁতৰাই গৈ থাকিব পাৰে, তেতিয়া মাত্ৰা কমি ধৰা নপৰা হ'ব, লগতে হেপাটাইটিছ বি পৃষ্ঠ প্ৰতিজনকৰ প্ৰতিদেহ আৰু কেন্দ্ৰীয় প্ৰতিজনকৰ প্ৰতিদেহৰ মাত্ৰা বাঢ়িব। আঁতৰ হোৱা সময় আৰু এ দেখা দিয়া সময়ৰ মাজছোৱাক বুলি কোৱা হয়। তেজত নথকা কিন্তু থকা মানুহ এজনৰ হয় সংক্ৰমণ নোহোৱা হৈছে বা তেওঁক পূৰ্বে প্ৰতিষেধক দিয়া হৈছে। তেজত ছমাহ পৰ্যন্ত ধৰা পৰা ব্যক্তিক হেপাটাটিছ বি'ৰ বাহক বোলা হয়। ভাইৰাছটোৰ বাহকজনৰ ক্ৰ'নিক হেপাটাটিছ বি থাকিব পাৰে যাক তেজত ছিৰাম এলেনাইন এমিন'ট্ৰান্সফাৰেজৰ উচ্চ মাত্ৰা আৰু চীত যকৃতৰ প্ৰদাহৰ চিনেৰে ধৰিব পৰা যায়। নোহোৱা হৈ পৰা বাহক, বিশেষকৈ সংক্ৰমণ হোৱা প্ৰাপ্তবয়স্ক সকলৰ গাত ভাইৰাছৰ প্ৰজননৰ মাত্ৰা অতি কম আৰু সেইবাবে তেওঁলোকৰ দীৰ্ঘদিনীয়া জটিলতা হ'ব পৰা বা তেওঁলোকে ভাইৰাছটো বিয়পাব পৰা আশঙ্কা কম। পি চি আৰ পৰীক্ষাবোৰে ৰ মাত্ৰা বা "ভাইৰেল বোজা" ধৰা পেলাই জুখিব পাৰে। ব্যক্তিজনৰ সংক্ৰমণৰ অৱস্থা আৰু চিকিৎসাৰ ফলাফল এই পৰীক্ষাইদি জানিব পাৰি। ভাইৰেল বোজা বেছি থকা মানুহৰ যকৃতৰ চীত সচৰাচৰ গ্ৰাউণ্ড গ্লাছ হেপাট'চাইট দেখা পোৱা যায়। প্ৰতিকাৰ হেপাটাইটিছ বি প্ৰতিৰোধ কৰিবলৈ বিভিন্ন প্ৰতিষেধক আৱিষ্কাৰ কৰা হৈছে। এইবোৰে ভাইৰেল পৃষ্ঠ প্ৰ'টিনৰ বা কোনো এটাক ব্যৱহাৰ কৰে। পূৰ্বে এই প্ৰতিষেধকবোৰ দীৰ্ঘদিনীয়া হেপাটাইটিছ বি সংক্ৰমণত ভুগি থকা মানুহৰ প্লাজমাৰ পৰা প্ৰস্তুত কৰা হৈছিল। কিন্তু আজিকালি তেজৰ অংশ নথকা সাংশ্লেষিক বিনেণ্ট ডি এন এ প্ৰযুক্তিৰে প্ৰতিষেধক প্ৰস্তুত কৰা হয়। এনে প্ৰতিষেধক লৈ হেপাটাইটিছ বি সংক্ৰমণৰ পৰা বাছি থাকিব পাৰি। নৱজাতকক জন্মৰ ১২ ঘণ্টাৰ ভিতৰত হেপাটাইটিছ বি প্ৰতিষেধক 1) আৰু হেপাটাইটিছ বি ইমিউন'গ্ল'বুলিন ১-২ মাহ পিছত প্ৰতিষেধকৰ দ্বিতীয় পালি 2) আৰু ৬ মাহ (২৪ সপ্তাহ) পিছত তৃতীয় পালি দি মাকৰ পৰা হ'ব পৰা সংক্ৰমণৰ হাৰ ২০-৯০%ৰ পৰা ৫-১০% লৈ হ্ৰাস কৰিব পাৰি। ২% নৱজাতকৰ তিনি পালি প্ৰতিষেধক লোৱাৰ পিছতো প্ৰতিৰক্ষা ক্ষমতা সক্ৰিয় নহয়। গতিকে হেপাটাইটিছ বি'ত আক্ৰান্ত হোৱা মাতৃক ৯ মাহত আৰু তাৰ প্ৰতিদেহ ৰ বাবে পৰীক্ষা কৰা হয়। এই পৰীক্ষাত যদি সন্তান আক্ৰান্ত হ'ব পৰা সম্ভাৱনা ধৰা পৰে তেতিয়া তিনিপালি প্ৰতিষেধক দ্বিতীয়বাৰলৈ দিয়া হয় (০, ১ আৰু ৬ মাহ)। ইয়াৰ পিছত আশঙ্কা থাকিলেও তৃতীয়বাৰলৈ প্ৰতিষেধক দিয়া নহয়। ভাৰতীয় শিশুচিকিৎসা পৰিষদৰ অনুমোদিত প্ৰতিষেধক সূচীমতে মাকৰ তেজত নাথাকিলে কেঁচুৱাক হেপাটাইটিছ বি'ৰ ছিটা ৰ লগতে ৬ সপ্তাহ, ১০ সপ্তাহ আৰু ১৪ সপ্তাহ/৬ মাহত দিয়া হয়। মাকৰ মাত্ৰা গম পোৱা নগ'লে কেঁচুৱাৰ জন্মৰ পিছতে প্ৰথমটো ছিটা দিব লাগে। প্ৰতিষেধক দিয়াৰ পিছত ছিৰামত হেপাটাইটিছ বি পৃষ্ঠ প্ৰতিজনক কেইবাদিনলৈকো বাঢ়ি থাকে। এইটোক চিন এণ্টিজেনিমিয়া" বুলি কোৱা হয়। প্ৰতিষেধকটো দুই, তিনি বা চাৰিটা পালিৰ সময়তালিকা অনুসৰি শিশু আৰু বয়স্কক দিয়া হয়। ই ৮৫-৯০% সুৰক্ষা প্ৰদান কৰে। প্ৰতিষেধকৰ প্ৰাথমিক সেৱাৰ পিছত ভাল সঁহাৰি জনোৱা ব্যক্তিৰ ১২ বছৰলৈকে সুৰক্ষা বৰ্তি থকাৰ প্ৰমাণ পোৱা গৈছে আৰু অন্ততঃ ২৫ বছৰলৈকে সেই প্ৰতিৰোধী ক্ষমতা থকাৰ আশা কৰা হৈছে। হেপাটাইটিছ এৰ দৰে হেপাটাইটিছ বি পানী আৰু খাদ্যৰ পৰা নিবিয়পে। ই শৰীৰ ৰসেৰেহে বিয়পে। গতিকে প্ৰতিকাৰৰ বাবে তেনে সংচাৰণৰ কাৰক এৰাই চলিলেই হ'ল। অসুৰক্ষিত যৌন সম্পৰ্ক, দূষিত বেজীৰ পুনৰ ব্যৱহাৰ আৰু সন্তান জন্মৰ সময়ত ভাইৰাছৰ সৰবৰাহ পৰিহাৰ কৰি হেপাটাইটিছ বি'ক বাধা দিব পাৰি। কেঁচুৱাক জন্মতে প্ৰতিষেধক দিবও পাৰি। এইবোৰৰ বাহিৰেও বিশ্ব স্বাস্থ্য সংস্থাই যুটীয়া ইমিউন'প্ৰ'ফাইলেক্সীছৰ পৰামৰ্শ দিছে। নৱজাতকৰ পৰা আৰম্ভ কৰি হেপাটাইটিছ বি ইমিউন'গ্ল'বুলিনৰ একাধিক সৰু সৰু পালি দিয়ালে বা উচ্চ মাত্ৰাৰ সংক্ৰমিত অৱস্থা থকা কেৰিয়াৰ মাতৃক লেমিভুডিন গৰ্ভাৱস্থাৰ শেষৰফালে (গৰ্ভধাৰণৰ শেষৰ তিনি মাহ) >১০৬ কপী/মিলি), খুৱালে গৰ্ভাৱস্থাত সংচাৰণ সুন্দৰকৈ প্ৰতিহত কৰিব পাৰি। চিকিৎসা একিউট হেপাটাইটিছ বি সংক্ৰমণত সাধাৰণতে কোনো চিকিৎসাৰ প্ৰয়োজন নহয় কাৰণ বেছিভাগ বয়স্ক মানুহৰ প্ৰতিৰোধী ক্ষমতাই নিজে নিজে সংক্ৰমণ আঁতৰ কৰিব পাৰে। সংক্ৰমণ খুব বেছি হ'লে হেপাটাইটিছ) বা প্ৰতিৰোধী ক্ষমতা কম থকা অৱস্থাত ১%তকৈও কম মানুহৰ ক্ষেত্ৰত সোনকালে ভাইৰাছ নাশক (এণ্টিভাইৰেল) চিকিৎসাৰ প্ৰয়োজন হ'ব পাৰে। আনহাতে চিৰ'চিছ আৰু যকৃতৰ কৰ্কটৰ আশঙ্কা কমাবলৈ ক্ৰ'নিক সংক্ৰমণত চিকিৎসাৰ প্ৰয়োজন। দীৰ্ঘদিনীয়া সংক্ৰমণত ভোগা মানুহৰ তেজত ছিৰাম (যকৃতৰ ক্ষতিৰ ইংগিতবাহক) আৰু ৰ উচ্চ মাত্ৰা দেখিলে ততালিকে চিকিৎসা কৰা উচিত। দৰব আৰু জিন'টাইপৰ ওপৰত ভিত্তি কৰি চিকিৎসাৰ সময় ছমাহৰ পৰা এবছৰলৈ হ'ব পাৰে। উপলব্ধ এটাও দৰবে সংক্ৰমণ নোহোৱা কৰিব নোৱাৰে, সেইবোৰে ভাইৰাছৰ বংশ বৃদ্ধি বন্ধ কৰি যকৃতৰ ক্ষতি কমাবহে পাৰে। বৰ্তমান সংস্থাই হেপাটাইটিছ বি'ৰ সংক্ৰমণৰ বাবে সাতপ্ৰকাৰৰ ঔষধ ব্যৱহাৰৰ অনুমতি দিছে। সেইবোৰ হৈছে ভাইৰাছ নাশক ঔষধ লেমিভুডিন, এডিফ'ভিৰ, টিন'ফ'ভিৰ আৰু এণ্টেকেভিৰ; আৰু প্ৰতিৰোধী তন্ত্ৰক সবল কৰা ইণ্টাৰফেৰ'ন আৰু পেগীলেটেড সপ্তাহত দুবাৰ বা তিনিবাৰ বেজী দিবলগীয়া ইণ্টাৰফেৰ'নৰ ঠাইত আজিকালি দীৰ্ঘকাল কাম কৰা পেগীলেটেড ইণ্টাফেৰ'ন ব্যৱহাৰ কৰা হয় যাক সপ্তাহত এবাৰ বেজী দিলেই হয়। কিন্তু ভাইৰাছটোৰ জিন'টাইপ আৰু ব্যক্তিজনৰ বংশগতিক ভিত্তি কৰি চিকিৎসাৰ প্ৰতি সঁহাৰি কম-বেছি হ'ব পাৰে। এই চিকিৎসাৰ ফলত যকৃতত ভাইৰাছৰ বংশবৃদ্ধি কমে আৰু ভাইৰেল বোজা (তেজত পোৱা ভাইৰেল কণাৰ সংখ্যা) কম হয়। ইণ্টাৰফেৰ'ন চিকিৎসাই জিন'টাইপ ত ৩৭% এণ্টিজেন ভাৰ্চন সৃষ্টি কৰিব পাৰে কিন্তু প্ৰকাৰত এই হাৰ মাত্ৰ ১৫%। চিকিৎসাৰ পাছত এণ্টিজেন বিলোপৰ হাৰ প্ৰকাৰৰ ক্ষেত্ৰত ~৪৫% কিন্তু আৰু প্ৰকাৰত ২৫-৩০%। ভাৰতত ইণ্টাৰফেৰ'ন আৰু লেমিভুডিনেৰে চিকিৎসাকাল দীঘলীয়া (প্ৰায় ২ বছৰ) হোৱাৰ লগতে খৰচো অত্যধিক বেছি (১,৭৫,০০০-২,০০,০০০ টকা পৰ্যন্ত)। ৰোগীৰ আহাৰ হেপাটাইটিছ বি ৰোগীয়ে যকৃতৰ অধিক ক্ষতি নহ'বৰ বাবে মদ্যপান কৰা মানা। বেছিভাগ ৰোগীৰ ক্ষেত্ৰত বিশেষ কোনো আহাৰৰ প্ৰয়োজন নাই, পুষ্টিকৰ আহাৰ গ্ৰহণৰ লগতে শাৰীৰিক বিশ্ৰামহে মূল কথা। তথাপিও হেপাটাইটিছ ফাউণ্ডেশ্যন ইণ্টাৰনেচনেলে পৰামৰ্শ আগবঢ়াইছে যে ৰোগীয়ে বেছিকৈ প্ৰ'টিনযুক্ত আহাৰ (মাছ, মাংস, কণী) আদি খোৱা অনুচিত কাৰণ ই "হেপাটিক চিফাল'পেথী" সৃষ্টি কৰি মগজুত প্ৰতিক্ৰিয়া কৰিব পাৰে। খাদ্য কম কেল'ৰিযুক্ত হোৱাৰ লগতে স্নেহ পদাৰ্থ আৰু নিমখৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা উচিত। শৰ্কৰাযুক্ত আৰু আঁহযুক্ত খাদ্য তুলনামূলকভাৱে বেছি খাব লাগে। প্ৰতিজৱিক পদাৰ্থ বেছি থকা খাদ্য যেনে শাক-পাছলি আৰু ফলমূল খোৱা ভাল। চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ঔষধ খোৱা অনুচিত, অন্যথা সাধাৰণ জ্বৰ-বিষৰ ঔষধেও যকৃতৰ ক্ষতি কৰিব পাৰে। পূৰ্বানুমান হেপাটাইটিছ বি ভাইৰাছ সংক্ৰমণ একিউট (আপোনাআপুনি ভাল হোৱা) বা ক্ৰ'নিক (দীৰ্ঘদিনীয়া) হ'ব পাৰে। একিউট সংক্ৰমণৰ ক্ষেত্ৰত আক্ৰান্তজনে দুমাহমানৰ ভিতৰত ৰোগৰ পৰা ৰেহাই পায়। শিশুসকলৰ ক্ষেত্ৰত সংক্ৰমণ কমোৱা সক্ষমতা বয়স্কতকৈ কম। ডাঙৰ শিশু বা বয়স্কৰ সংক্ৰমণ হ'লে ৯৫%তকৈও বেছিভাগে আৰোগ্য লাভ কৰি ভাইৰাছটোৰ বিৰুদ্ধে প্ৰতিৰোধী ব্যৱস্থা গঢ়ি তুলিব। কিন্তু সৰু শিশুসকলৰ ক্ষেত্ৰত এই হাৰ মাত্ৰ ৩০% আৰু মাকৰ পৰা সংক্ৰমণ লাভ কৰা ৫% শিশুৱেহে ভাইৰাছটো আঁতৰাব পাৰিব। এওঁলোকৰ ৪০%ৰ চিৰ'চিছ বা যকৃতৰ কৰ্কট হৈ মৃত্যু হোৱাৰ সম্ভাৱনা থাকে। একৰ পৰা ছয়বছৰ বয়সৰ ভিতৰত সংক্ৰমণ হ'লে ৭০% আক্ৰান্তই আৰোগ্য লাভ কৰিব। হেপাটাইটিছ ডি সংক্ৰমণ কেৱল হেপাটাইটিছ বি'ৰ লগতহে হ'ব পাৰে। য়ে ৰ পৃষ্ঠ প্ৰতিজনক ব্যৱহাৰ কৰি চিড সৃষ্টি কৰে। হেপাটাইটিছ ডি'ৰ লগত সহ-সংক্ৰমণে যকৃতৰ চিৰ'চিছ আৰু কৰ্কটৰ আশঙ্কা বঢ়াই তোলে। টেৰাইটিছ ন'ড'ছা'' হেপাটাইটিছ বি হোৱা ব্যক্তিৰ গাত বেছিকৈ দেখা যায়। পুনৰ্সক্ৰিয়ন হেপটাইটিছ বি ভাইৰাছ ডি এন এ সংক্ৰমণৰ পিছতো গাত থাকি যায় আৰু সেইবাবে কিছুমান মানুহৰ পুনৰ এই ৰোগ হ'ব পাৰে। এনে ঘটনা কম দেখা গ'লেও শৰীৰৰ প্ৰতিৰোধী ক্ষমতা কমি থকা মানুহৰ ক্ষেত্ৰত এই আশঙ্কা বেছি। ৰ পুনৰ অনুকৃত্যায়ন চক্ৰ আৰম্ভ হ'ব পাৰে। প্ৰায় ৫০% লোকৰ একিউট পুনৰ্সক্ৰিয়ন হয়। তেজত ৰ মাত্ৰা 200 থাকিলে কম মাত্ৰা থকা ব্যক্তিতকৈ এই সম্ভাৱনা তিনিগুণ বেছি। কীম'থেৰাপী গ্ৰহণ কৰি থকা ব্যক্তিৰো পুনৰ্সক্ৰিয়নৰ সম্ভাৱনা বেছি। প্ৰতিৰোধী ক্ষমতা কমোৱা ঔষধেও যকৃতত ঘাতক টি কোষৰ কামত বাধা জন্মাই ৰ বংশ বৃদ্ধিত সহায় কৰে। ৰোগবিতৰণ ২০০৪ চনত পৃথিৱীজুৰি প্ৰায় ৩৫০ নিযুত মানুহ হেপাটাইটিছ বি'ত আক্ৰান্ত আছিল। এছিয়াত আক্ৰান্তৰ হাৰ ১০%তকৈও বেছি, আনহাতে উত্তৰ ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত এই হাৰ ০.৫%তকৈ কম। সংক্ৰমণৰ উপায়বোৰ হৈছে উলম্ব সৰবৰাহ বা (যেনে সন্তান জন্মৰ সময়ত), প্ৰাৰম্ভিক জীৱনৰ পথালি সৰবৰাহ বা (কামোৰ, ক্ষত আৰু অনাময় অভ্যাস), আৰু প্ৰাপ্তবয়স্কৰ পথালি সৰবৰাহ (যৌন সম্পৰ্ক, সিৰাত নিচাযুক্ত ঔষধ লোৱা)। সৰবৰাহৰ প্ৰাথমিক পদ্ধতিয়ে নিৰ্দিষ্ট অঞ্চলত ক্ৰ'নিক সংক্ৰমণৰ ব্যাপ্তি ফুটাই তোলে। কম ব্যাপ্তিৰ অঞ্চল যেনে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিম ইউৰোপত সংক্ৰমণৰ মুখ্য কাৰণ হৈছে সিৰাত ছ চন আৰু অসুৰক্ষিত যৌন সম্পৰ্ক মধ্যমীয়া ব্যাপ্তিৰ অঞ্চল যেনে পূব ইউৰোপ, ৰাছিয়া, জাপান আদিত মূলতঃ শিশুসকলৰ জৰিয়তে সংক্ৰমণ বিয়পে আৰু জনসংখ্যাৰ ২-৭% লোক ক্ৰ'নিক সংক্ৰমণত ভোগে। উচ্চ ব্যাপ্তিৰ অঞ্চল যেনে চীন, ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়াত সন্তান জন্মৰ সময়ত সংক্ৰমণ বেছিকৈ হয়। উচ্চ এণ্ডেমিচিটী বা ৰোগৰ নিৰন্তৰ প্ৰবাহ থকা অঞ্চলত ক্ৰ'নিক সংক্ৰমণৰ হাৰ প্ৰায় ৮%। ২০১০ চনৰ তথ্য অনুসৰি কেৱল চীনতে ১২০ নিযুত মানুহ এই ৰোগত ভুগি আছে। ৪০ নিযুত সংক্ৰমিত মানুহেৰে ভাৰতৰ স্থান দ্বিতীয়। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতিবছৰে প্ৰায় ৬,০০,০০০ লোক এই ৰোগত মৃত্যু বৰণ কৰে। কেৱল ভাৰততে এই সংখ্যা প্ৰায় ১,০০,০০০ বুলি ধাৰণা কৰা হয়। ইতিহাস ১৮৮৫ চনত প্ৰথমে লুৰ্মেনে হেপাটাইটিছ বি'ৰ মহামাৰীৰ কথা উল্লেখ কৰিছিল। ১৮৮৩ চনত ব্ৰেমেনত বৰ আইৰ প্ৰাদুৰ্ভাৱ ঘটিছিল আৰু ১,২৮৯ জন বন্দৰৰ কৰ্মচাৰীক আন মানুহৰ লসিকাৰে প্ৰতিষেধক দিয়া হৈছিল। কেইবাসপ্তাহ পিছৰ পৰা আঠ মাহলৈকে তাৰে ১৯১ জন কৰ্মীয়ে জণ্ডিছত ভোগে আৰু তেওঁলোকৰ হেপাটাইটিছ বি হৈছে বুলি নিৰ্ণয় কৰা হয়। একে উৎসৰ লসিকাৰ প্ৰতিষেধক নোলোৱা আন মানুহবোৰ কিন্তু সুস্থ হৈ থাকিল। এপিডেমিয়'লজীৰ সম্পৰীক্ষাৰ দ্ৰুপদী উদাহৰণ বুলি গণ্য হোৱা লুৰ্মেনৰ নথিত এই কথা প্ৰমাণ হয় যে এই মহামাৰীৰ কাৰণ আছিল দূষিত লসিকা। ১৯০৯ চনত চীফিলিছৰ চিকিৎসাৰ বাবে আৰ্ছফেনামাইন বুলি ঔষধ এটা দিবলৈ হাইপ'ডাৰ্মিক বেজী ব্যৱহাৰ আৰু পুনৰ্ব্যৱহাৰ কৰোঁতে তেনে কেইবাটাও ঘটনা প্ৰত্যক্ষ কৰা হৈছিল। ১৯৬৫ চনত বাৰুছ বাৰ্গ নামৰ বিজ্ঞানীজনে অষ্ট্ৰেলিয়াৰ ভূমিপুত্ৰসকলৰ তেজত অষ্ট্ৰেলিয়া এণ্টিজেন (পিছলৈ হেপাটাইটিছ বি চাৰফেছ এণ্টিজেন বুলি নামাঙ্কিত) আৱিষ্কাৰ কৰে। কালামে ১৯৪৭ চনতে ভাইৰাছটোৰ বিষয়ে সন্দেহ কৰে যদিও ১৯৭০ চনতহে ডি.এছ. ডেন আৰু সতীৰ্থসকলে ট্ৰন অণুবীক্ষণ যন্ত্ৰৰে ভাইৰাছ কণাটো আৱিষ্কাৰ কৰে। ১৯৮০ চনৰ আৰম্ভণিত ভাইৰাছটোৰ জিন'ম শৃংখলিত কৰা হয় আৰু প্ৰথম প্ৰতিষেধকৰ পৰীক্ষা কৰা হয়। সমাজ আৰু সংস্কৃতি ২৮ জুলাইত পালন কৰা বিশ্ব হেপাটাইটিছ দিৱসৰ জৰিয়তে হেপাটাইটিছ বি আৰু চি'ৰ বিষয়ে সজাগতা সৃষ্টি আৰু প্ৰতিকাৰ, ৰোগনিৰ্ণয় তথা চিকিৎসাৰ বাবে উৎসাহ প্ৰদান কৰা হয়। বিশ্ব হেপাটাইটিছ যৌথমঞ্চই ২০০৭ চনৰেপৰা ইয়াৰ নেতৃত্ব লৈ আহিছে। ২০১০ চনৰ মে' মাহৰপৰা বিশ্ব স্বাস্থ্য সংস্থাইও ইয়াৰ প্ৰচাৰত পূৰ্ণ সহযোগ কৰি আহিছে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ সংক্ৰামক ৰোগ বি যৌন সংক্ৰামক ৰোগ ভাইৰাছজনিত
71776
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%9A%E0%A6%BE%E0%A6%87%E0%A7%B0%E0%A6%BF%E0%A6%9B
অচাইৰিছ
অচাইৰিছ হৈছে প্ৰাচীন ইজিপ্টৰ উৰ্বৰতা, কৃষি, পৰলোক, মৃত্যু, পুনৰজীৱন আৰু জীৱনৰ দেৱতা। তেওঁৰ গাৰ বৰণ সেউজীয়া। অচিৰিছক ফাৰাওসকলৰ দৰে কৃত্ৰিম দাড়ি, ভৰিত মামীসমূহ মেৰিওৱা বস্ত্ৰ আৰু এটিফ মুকুটেৰে সৈতে চিত্ৰায়িত কৰা হয়। তেওঁ হাতত কোটা আৰু ফ্লেইল ধাৰণ কৰে। মামী আবৃতকৰণৰ সৈতে জড়িত ই প্ৰথমগৰাকী দেৱতা। অচিৰিছৰ ভ্ৰাতৃ ছেটে তেওঁক হত্যা কৰি শৰীৰটো টুকুৰা-টুকুৰকৈ কাটে। তেওঁৰ সহধৰ্মিণী আইচিছে আটাইবোৰ টুকুৰা বিচাৰি শৰীৰটো বান্ধি পেলায় আৰু পুনৰ জীয়াই তোলে। অচাইৰিছক পৃথিৱীৰ দেৱতা গেব আৰু আকাশৰ দেৱী নূটৰ জ্যেষ্ঠ সন্তান বুলি গণ্য কৰা হয়। আইচিছ তেওঁ ভগ্নীৰ লগতে সহধৰ্মিণীও। তেওঁৰ পুত্ৰ হৈছে হ'ৰাছ যাক তেওঁ মৰণোত্তৰভাৱে তুলি লৈছিল। অচাইৰিছ খেণ্টি-এমেণ্টিও নামৰ এক গুণমালাৰ সৈতে জড়িত য'ত তেওঁক মৃত্যুলোকৰ ৰজা হিচাপে উপস্থাপন কৰা হৈছে। তেওঁক চন্দ্ৰৰ দেৱতা হিচাপেও অভিহিত কৰা হয়। অচাইৰিছক আইচিছ, ছেট আৰু জ্যেষ্ঠ হ'ৰাছৰ ভাতৃ আৰু কনিষ্ঠ হ'ৰাছৰ পিতৃ হিচাপে গণ্য কৰা হয়। খ্ৰীষ্টপূৰ্ব ২৫ শতিকা অৰ্থাৎ প্ৰাচীন ইজিপ্টৰ পঞ্চমটো ৰাজবংশৰ মধ্যভাগতে অচাইৰিছক উপাসনা কৰাৰ প্ৰথমটো প্ৰমাণ পোৱা যায়। অৱশ্যে তেওঁৰ উপাসনা ইয়াতকৈ পুৰণি কালৰ পৰাও চলি আহিব পাৰে কিয়নো খেণ্টি-এমেণ্টি গুণমালাখন অতি কমেও প্ৰথম ৰাজবংশৰ সময়ৰে। অচিৰিছৰ আখ্যানসমূহৰ অধিকাংশই পঞ্চম ৰাজবংশৰ শেষৰ ফালৰ পিৰামিড লিপিসমূহৰ পৰা লোৱা হৈছে। পৰৱৰ্তী কালৰ নতুন ৰাজ্যসমূহৰ বিভিন্ন লিপি আৰু গ্ৰীক লেখকসকলৰ লেখনিৰ পৰাও এই আখ্যানসমূহ তুলি লোৱা হৈছে। অচাইৰিছ হৈছে পাতাললোক বা ডুৱেটত থকা মৃতকসকলৰ বিচাৰকৰ্তা। তেওঁ শস্য-বন ইত্যাদিৰ লগতে সকলো জীৱৰে প্ৰাণ প্ৰদান কৰোঁতা। নাইল নদীৰ পলসযুক্ত বানপানীৰো তেওঁ হোতা। অচাইৰিছক "সৰ্বদা কৃপালু আৰু চিৰযৌৱনসমৃদ্ধ" বুলি বৰ্ণনা কৰা হৈছে। তেওঁক নিঃশব্দতাৰ গৰাকী বুলিও আখ্যা দিয়া হয়। ফাৰাওসকল মৃত্যুৰ লগে লগে অচাইৰিছৰ সংগত এক যাদুকৰী প্ৰক্ৰিয়াৰ যোগেদি দৈৱিক জীৱন লাভ কৰে বুলি বিশ্বাস কৰা হৈছিল কিয়নো এই দেৱতাগৰাকীয়ে নিজে মৃত্যুৰপৰা পুনৰ সাৰ পাই উঠিছিল। মৃত্যুৰ পিছত পুনৰ জীৱন লাভৰ আশাৰ বাবেই নতুন বছৰৰ আৰম্ভণিতে কালপুৰুষ আৰু লুব্ধকৰ বাৰ্ষিক বিশেষাৱস্থানৰ লগে লগে অচাইৰিছক প্ৰাকৃতিক চক্ৰসমূহ যেনে শস্যমালা আৰু নাইল নদীৰ বাৰ্ষিক বানপানীৰ লগত ক্ৰমান্বয়ে জড়িত কৰি পেলোৱা হৈছিল। ৰোমানসকলৰ সৈতে ইজিপ্টত খ্ৰীষ্টান ধৰ্মৰ প্ৰৱেশ ঘটি প্ৰাচীন মিছৰীয় ধৰ্মৰ পতন নঘটালৈকে অচাইৰিছক ব্যাপক ৰূপত অৰ্চনা কৰা হৈছিল। নামৰ ব্যুৎপত্তি অচাইৰিছ হৈছে প্ৰাচীন গ্ৰীক শব্দৰএক লেটিন ৰূপান্তৰ। ই ইজিপ্টীয় ভাষাৰ মূল নামৰ এক গ্ৰীক অভিযোজন। ইজিপ্টৰ চিত্ৰলিপিত নামটো হিচাপে দেখা যায়, যাক কিছুসংখ্যক ইজিপ্টোলজিষ্টে বা বুলি মত প্ৰকাশ কৰে। যিহেতু চিত্ৰলিপি লিখনিত স্বৰবৰ্ণৰ নাই সেয়ে ইজিপ্টোলজিষ্টসকলে আছাৰ, আউছাৰ, আউচিৰ, ৱেছিৰ, উচিৰ বা উচায়াৰ আদি বিভিন্ন ধৰণে নামটো উচ্চাৰণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। ব্যুৎপত্তি আৰু মূল নামৰ অৰ্থৰ বাবে কেইবাটাও প্ৰস্তাৱ দিয়া হৈছে যদিও ইজিপ্টোলজিষ্ট মাৰ্ক জে. স্মিথে উল্লেখ কৰিছে যে ইয়াৰে কোনোটোৱেই সম্পূৰ্ণৰূপে বিশ্বাসযোগ্য নহয়। বেছিভাগ লোকেই এডল্ফ এৰমেনক অনুসৰণ কৰি -কেই স্বীকৃত ৰূপান্তৰ হিচাপে লয়। অৱয়ব অচাইৰিছক তেওঁৰ সবাতোকৈ বিকশিত ৰূপত উজনি ইজিপ্টৰ শুভ্ৰবৰ্ণ মুকুট সদৃশ এটিফ মুকুট পৰিহিত অৱস্থাত উপস্থাপন কৰা হয়। এই মুকুটৰ দুয়োফালে অতিৰিক্তভাৱৰ দুখন উটপক্ষীৰ পাখিৰ লগোৱা থাকে। তেওঁ কোটা আৰু ফ্লেইলো ধাৰণ কৰে। কোটাডালে অচাইৰিছক গৰখীয়া দেৱতা হিচাপে প্ৰতিনিধিত্ব কৰে বুলি ধাৰণা কৰা হয়। ফ্লেইলৰ প্ৰতীকী অৰ্থৰ বিষয়ে স্পষ্ট ধাৰণা পোৱা নাযায়। তেওঁক সাধাৰণতে সেউজীয়া (পুনৰ্জন্মৰ ৰং) বা ক'লা (নাইল নদীৰ বানপানীৰ উৰ্বৰতাৰ) ৰঙৰ এজন ফাৰাও হিচাপে চিত্ৰিত কৰা হৈছিল। তেওঁৰ বুকুৰ পৰা তললৈ মামীকৰণৰ আৱৰণে ঢাকি ৰাখিছিল। আদি আখ্যান পিৰামিডৰ লিপিসমূহত পৰলোক প্ৰাপ্তিৰ পিছত সূৰ্য দেৱতা ৰাৰ সৈতে তাৰকামণ্ডলীৰ মাজত চিৰন্তন ভ্ৰমণৰ সম্পৰ্কে প্ৰাৰম্ভিক ধাৰণা এটাৰ কথা বৰ্ণনা আছে। চতুৰ্থ ৰাজবংশৰ আৰম্ভণিতে এই শৱগৃহৰ লিপিসমূহত এইদৰে পোৱা যায়: "ৰজাই দিয়া নৈবেদ্য আৰু এনুবিচ।" পঞ্চম ৰাজবংশৰ শেষৰ ফালে, এই সকলোবোৰ সমাধিৰ সূত্ৰ "ৰজাই দিয়া আৰু অচিৰিছৰ নৈবেদ্য"লৈ ৰূপান্তৰিত হয়। হ'ৰাছৰ পিতৃ কিংবদন্তি অনুসাৰে অচাইৰিছ হৈছে দেৱতা হ'ৰাছৰ পিতৃ, আৰু এই ধাৰণাটো অচাইৰিছৰ পৌৰাণিক আখ্যানত বৰ্ণনা কৰা হৈছে। আখ্যানত অচাইৰিছক সিংহাসন দখল কৰিবৰ বাবে তেওঁৰ ভ্ৰাতৃ ছেটে হত্যা কৰা বুলি বৰ্ণনা কৰা হৈছে। তেওঁৰ পত্নী আইচিছে তেওঁৰ মৃতদেহটো বিচাৰি পায় আৰু ইয়াক নলাত লুকুৱাই ৰাখে। কিন্তু ছেটে এই মৃতদেহটো বিচাৰি পায় খণ্ড-বিখণ্ড কৰে। আইচিছে অচাইৰিছৰ খণ্ডিত টুকুৰাবোৰ পুনৰ উদ্ধাৰ কৰে আৰু একগোট কৰি যাদুৰ প্ৰয়োগেৰেৰে তেওঁক পুনৰুজ্জীৱিত কৰে। এই কাৰ্যৰ যোগেদি আইচিছে অচাইৰিছৰ সন্তানৰ মাতৃ হোৱাটো সম্ভৱপৰ কৰি তোলে আৰু পিছত হ'ৰাছৰ জন্ম দিয়ে। যিহেতু অচাইৰিছৰ পুনৰুত্থানৰ পিছত হ'ৰাছৰ জন্ম হৈছিল সেয়ে হ'ৰাছক নতুন যুগৰ আৰম্ভণিৰ সূচনাকাৰী আৰু বেদখলকাৰী ছেটৰ পৰাজয়ৰ প্ৰতিনিধি বুলি ভবা হৈছিল। এনেদৰেই অচাইৰিছক টাহ-চেকেৰৰ (সৃষ্টিকৰ্তা দেৱতা টাহ আৰু চেকেৰৰ যুটী) সৈতে যুক্ত কৰা হয় আৰু কালক্ৰমত তেওঁলোক টাহ-চেকেৰ-অচাইৰিছ নামেৰে পৰিচিত হৈ পৰে। সূৰ্যদেৱতাই ৰাতিটো পাতালত কটোৱাত লগতে প্ৰতিটো পুৱাতে তেওঁ "পুনৰ জন্ম" লাভ কৰা বুলি ভবা হৈছিল, টাহ-চেকেৰ-অচিৰিছক পাতালপুৰীৰ ৰজা আৰু পৰলোক, জীৱন, মৃত্যু তথা পুনৰুত্থানৰ দেৱতা হিচাপে চিনাক্ত কৰা হৈছিল। মৃত্যু আৰু পুনৰ্জীৱন প্লুটাৰ্কে বৰ্ণোৱা অচাইৰিছৰ পৌৰাণিক আখ্যানৰ এক সংস্কৰণ মতে ছেটে (অচাইৰিছৰ ভাতৃ) ইথিওপিয়াৰ ৰাণী আৰু ৭২জন সহযোগীৰ সৈতে মিলি অচাইৰিছৰ হত্যাৰ ষড়যন্ত্ৰ কৰে। ছেটে চলেৰে অচাইৰিছক এটা বাকচৰ ভিতৰত সোমাবলৈ দিয়ে আৰু তাৰ পিছতেই বাকচটো বন্ধ কৰি সীহেৰে মোখনি মাৰি নাইল নদীত পেলাই দিয়ে। অচাইৰিছৰ পত্নী আইচিছে তেওঁক বিচাৰি গৈ অৱশেষত বাকচটো এজোপা গছৰ গুৰিত সোমাই থকা দেখে আৰু এই গছজোপা আছিল ফনিচিয়ান উপকূলৰ বাইব্লোছৰ এটা প্ৰাসাদৰ চালৰ ধৰণী। ইয়াৰ পিছতেই তেওঁ বাকচটোৰ পৰা অচাইৰিছৰ মৃতদেহ উদ্ধাৰ কৰে। আন এটা সংস্কৰণৰ মতে, আইচিছে অচাইৰিছক এটা মন্ত্ৰ ব্যৱহাৰ কৰি পুনৰুজ্জীৱিত কৰে যাতে স্বামীৰ ঔৰসত তেওঁ গৰ্ভধাৰণ কৰিব পাৰে। অচাইৰিছৰ মৃতদেহ সমাধিস্থ কৰাৰ পিছত আইচিছে গৰ্ভধাৰণ কৰে আৰু তেওঁলোকৰ পুত্ৰ হ'ৰাছৰ জন্ম হয়। তাৰ পিছত অচাইৰিছ পাতালপুৰীৰ দেৱতা হিচাপে প্ৰাণ ধাৰণ কৰে। তেওঁৰ মৃত্যু আৰু পুনৰুত্থানৰ বাবে, অচাইৰিছ নাইল নদীৰ ভটিয়নি আৰু বানপানীৰ সৈতে জড়িত হৈ পৰে। এনেদৰেই নাইল উপত্যকাৰ কাষৰীয়া অঞ্চলত শস্যৰ বাৰ্ষিক বৃদ্ধি আৰু মৃত্যুৰ সৈতে তেওঁৰ সম্পৰ্ক স্থাপন হয়। ডিঅড'ৰাছ চিকুলাছৰ আখ্যানত অচাইৰিছক এজন প্ৰাচীন ৰজা হিচাপে বৰ্ণনা কৰা হৈছে। তেওঁ ইজিপ্টৰ লোকসকলক কৃষিকে ধৰি সভ্যতাৰ বিভিন্ন কলা শিকায়। ইয়াৰ পিছত তেওঁৰ ভগ্নী আইচিছ, চেটায়াৰসকল আৰু নগৰাকী মিউজৰ সৈতে পৃথিৱী ভ্ৰমণ কৰি অৱশেষত ইজিপ্টলৈ ঘূৰি আহে। পৰৱৰ্তী সময়ত অচাইৰিছক তেওঁৰ ভাতৃ টাইফনে হত্যা কৰে। টাইফনক ছেট হিচাপে চিনাক্ত কৰা হৈছে। টাইফনে অচাইৰিছৰ মৃতদেহটো ২৬ টুকুৰাত বিভক্ত কৰি তেওঁৰ সহকৰ্মী ষড়যন্ত্ৰকাৰীসকলৰ মাজত বিতৰণ কৰে যাতে তেওঁলোককো এই হত্যাত জড়িত কৰিব পৰা যায়। আইচিছ আৰু হাৰকিউলিছে (হ'ৰাছ) অচাইৰিছৰ মৃত্যুৰ প্ৰতিশোধ লয় আৰু টাইফনক হত্যা কৰে। আইচিছে পুৰুষাংগৰ বাহিৰে অচাইৰিছৰ শৰীৰৰ সকলো অংগ উদ্ধাৰ কৰে আৰু গোপনে সমাধি দিয়ে। তেওঁ এই অংগসমূহৰ প্ৰতিকৃতি তৈয়াৰ কৰি কেইবাটাও স্থানত বিতৰণ কৰে আৰু এই স্থানসমূহ অচাইৰিছ উপাসনাৰ কেন্দ্ৰ হৈ পৰে। তথ্য সংগ্ৰহ প্ৰাচীন ইজিপ্ট প্ৰাচীন ইজিপ্তৰ
75124
https://as.wikipedia.org/wiki/%E0%A6%AF%E0%A7%8B%E0%A6%A8%E0%A6%BF%E0%A7%B0%20%E0%A6%86%E0%A6%98%E0%A6%BE%E0%A6%A4
যোনিৰ আঘাত
যোনিৰ আঘাত হৈছে স্ত্ৰী জনন অংগত হোৱা আঘাত। এয়া সন্তান জন্ম, যৌন আক্ৰমণ যেনে বলপূৰ্বক যৌন সম্পৰ্ক, ধৰ্ষণ, আৰু দুৰ্ঘটনাজনিত ঘটনাৰ সময়ত হ'ব পাৰে। প্ৰাপ্তবয়স্কলোকৰ ক্ষেত্ৰত, মন্স পিউবি আৰু লেবিয়া মেজৰাৰ সুৰক্ষামূলক কাৰ্যৰ বাবে যোনি মুখ্যতঃ আঘাতৰ পৰা সুৰক্ষিত থাকে। যিসকল লোকৰ যোনিত সুৰক্ষামূলক চৰ্বি স্তৰৰ অভাৱ সেইসকল লোক সাধাৰণতে এই দুৰ্ঘটনা মূলক আঘাতৰ সন্মুখীন হ'ব লগাত পৰে। যোনিত যিকোনো আপত্তি জনক বস্তু সুমুৱাই দিলে যোনিৰ আঘাত হ'ব পাৰে, উদাহৰণ স্বৰূপে, কোনো তীক্ষ্ণ ধাৰ থকা বস্তুৱে যোনিৰ প্ৰৱেশদ্বাৰত আঘাত হানিব পাৰে। বেদনাদায়ক যৌন অভিজ্ঞতা বা যৌন উৎপীড়নৰ ফলত যোনিৰ আঘাত হ'ব পাৰে শিশোৱে দ্ব্যৰ্থক স্থিতিৰে উঠা বহা কৰাৰ ফলত যোনি আঘাত প্ৰাপ্ত হয়। অৱশ্যে শিশুৰ ক্ষেত্ৰত এইবোৰৰ বেছিভাগেই দুখদায়ক হ'লেও গুৰুতৰ আঘাত নহয়। অৱশ্যে, গুৰুতৰ আঘাতৰ ক্ষেত্ৰত তাৎক্ষণিক চিকিৎসাৰ প্ৰয়োজন হয়। বিশেষকৈ যদিহে ৰক্তক্ষৰণ বন্ধ নহয়।'এপিচিঅ'টমী' আৰু যোনিৰে প্ৰসৱৰ সময়তো যোনি আঘাত প্ৰাপ্ত হয়। সন্তান জন্মৰ সময়ত যোনিৰ আঘাত পৰিহাৰ কৰিব পৰিলে মাতৃৰ হতাশা, দুৰ্ভাগ্যজনক ভাৱে চিকিৎসালয়ত পুনঃ ভৰ্ত্তি কৰোৱাৰ আশংকা, আৰু পেৰিনিয়াল বিষ আদি প্ৰতিহত কৰাত সহায় হয়। লক্ষণসমূহ যোনি আঘাত প্ৰাপ্ত হোৱাৰ ফলত হ'ব পৰা শাৰীৰিক অসুবিধা সমূহৰ লক্ষণবোৰৰ ভিতৰত পেটৰ বিষ, ৰক্তক্ষৰণ, আঘাত, মূৰ্ছা যোৱা, যোনিত অনুবিদ্ধ বস্তু, যৌনাঙ্গৰ বিষ, যৌনাংগ ফুলা, বমি হোৱা, প্ৰস্ৰাৱ কৰোঁতে বিষ অনুভৱ, প্ৰস্ৰাৱ কৰিবলৈ অক্ষম হোৱা, আঘাতৰ উপস্থিতি, যৌন উৎপীড়নৰ প্ৰতিবেদনৰ বাবে হোৱা হতাশা, আৰু প্ৰস্ৰাৱত তেজ যোৱা আদি। যোনিৰ আঘাতৰ পিছত যোনিত বা ইয়াৰ পাৰ্শ্ববৰ্তী অংশত মৰা তেজৰ দমলা উঠিব পাৰে। চিকিৎসা সম্বন্ধীয় ইমেজিঙে অস্পষ্টকৈ জমা হোৱা তেজৰ উপস্থিতিক চিনাক্ত কৰিব পাৰে। কাৰণ গৰ্ভধাৰণ সম্পৰ্কীয় সন্তান জন্মৰ সময়ত, যোনি বা গ্ৰীৱাৰ আঘাত হ'ব পাৰে আৰু সেইবোৰ সংশোধন কৰিবলৈ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ'ব পাৰে। প্ৰসৱৰ সময়ত যোনি কেতিয়াবা আঘাতপ্ৰাপ্ত হয় আৰু পেৰিনিয়াল তৰল যোনিৰ পৰা পেৰিনিয়ামৰ বিভিন্ন বিন্দুলৈ বিয়পি যায়। গৰ্ভধাৰণ নকৰা সম্পৰ্কীয় অনা-প্ৰসূতি মূলক কাৰণবোৰৰ ভিতৰত আছে: যৌন আক্ৰমণ,পৰস্পৰৰ বুজা-বুজিৰ মাজেৰে হোৱা যৌন সম্ভোগ, শ্ৰোণীৰ হাড় ভঙা, উত্তেজনাৰ বাবে যোনিত সুমুৱাই দিয়া চেক্স টয়ৰ আঘাত, 'জেট স্কি' আৰু 'ৱাটাৰ-স্কিয়িং' দুৰ্ঘটনা বা খেলৰ সময়ত দলিয়োৱা যাঠি, গধুৰ বল, আদিৰ আঘাত। বিপদাশংকাৰ কাৰকসমূহ বিপদাশংকাৰ কাৰকবোৰৰ ভিতৰত আছে: সন্মতিপূৰ্ণ সহবাসৰ প্ৰথম পৰ্যায়, স্তন্যপান কৰাই থকাৰ সময়ত শিশুৰ ভৰিৰ দ্বাৰা অসাৱধানত হোৱা আঘাত, ৰজোনিবৃত্তি, আৰু ঔষধৰ পাৰ্শ্বক্ৰিয়া। যৌন উৎপীড়ণৰ ফলত হোৱা আঘাত বাহ্যিক আৰু অভ্যন্তৰীণ দুয়োধৰণৰ যৌনাঙ্গৰ আঘাত চিনাক্ত কৰাৰ বাবে কলপস্কোপীৰ ব্যৱহাৰ সাধাৰণতে আটাইতকৈ সংবেদনশীল পৰীক্ষা পদ্ধতি বুলি স্বীকাৰ কৰা হয়। বাহ্যিক আঘাত যৌন আক্ৰমণৰ সময়ত আটাইতকৈ বেছি আঘাত প্ৰাপ্ত এনাটমিক স্থানবোৰৰ ভিতৰত আছে বাহ্যিক জননাংগৰ উপাদান। সাধাৰণতে আঘাত প্ৰাপ্ত হোৱা যোনিৰ পশ্চাৎ কমিচ্যুৰ অংশটো হৈছে কলাৰ এক উত্তেজনাপূৰ্ণ বেণ্ড যি লেবিয়া মাইনোৰাৰ পিছফালৰ মুৰ দুটা সংযোগ কৰে। এইটো নিম্ন কলা ৰিজ হিচাপে কমকৈ প্ৰসাৰিত হয়। এ.এম.এ. যৌন উৎপীড়নৰ নিৰ্দেশনাৱলীয়ে পোষ্টেৰীয়ৰ ফৰচেট পৰীক্ষা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, উল্লেখ্য যে যৌন আক্ৰমণৰ ফলত যোনিৰ আঘাতৰ সৈতে সাধাৰণতে এই অংশত তৰলৰ সৈতে বিষ বা ৰক্তক্ষৰণ হয়, আৰু এৰিথেমা, ঘঁহনি, বা আঘাত হয়। লেবিয়া মাইনোৰাৰো আঘাতৰ হাৰ তুলনামূলকভাৱে উচ্চ। লেবিয়া মাইনোৰা হৈছে লেবিয়া মেজৰাৰ মাজত থকা কোষকলাৰ দুটা ভাঁজ। লেবিয়া মেজৰাত ছাল আৰু এডিপোজ কলাৰ দুটা ভাঁজ থাকে যি ভালভৰ পাৰ্শ্বীয় সীমা গঠন কৰে। লেবিয়া মাইনাৰে ভেষ্টিবিউলটো আৱৰি ৰাখে, যি হৈছে পোষ্টেৰীয়ৰ ফৰচেটৰ ওপৰৰ আৰু ভগাঙ্কুৰ অংশৰ তলত বাদামৰ আকৃতিৰ এলেকা। বাহ্যিক মূত্ৰনলীৰ মাংস (প্ৰস্ৰাৱৰ পথ) ভেষ্টিবিউলৰ ভিতৰত অৱস্থিত। প্ৰায়ে আঘাতপ্ৰাপ্ত হোৱা আন এলেকাবোৰ হৈছে হাইমেন আৰু ফচা নেভিকুলাৰিছ আদি। অভ্যন্তৰীণ অংশ যদিও বাহ্যিক জননাংগৰ আঘাতৰ দৰে সচৰাচৰ অভ্যন্তৰীণ অংশ আঘাতপ্ৰাপ্ত নহয়। এটা গৱেষকৰ দলে জনাইছে যে ৩১১ গৰাকী কিশোৰী আৰু মহিলাৰ ক্ষেত্ৰত, ১৩% লোকৰ গ্ৰীবাসংবন্ধীয় আঘাত আৰু ১১% লোকৰ যোনিৰ আঘাত আছিল। ইয়াৰে বেছিভাগ অভ্যন্তৰীণ আঘাত তুলনামূলকভাৱে সামান্য আৰু চিকিৎসা সেৱাৰ প্ৰয়োজন হোৱা নাছিল, অৱশ্যে প্ৰায় ১% ৰ পৰা ৩% মহিলাৰ ক্ষেত্ৰত আভ্যন্তৰৰ গভীৰ আঘাতৰ বাবে চিকিৎসালয়ত ভৰ্তি হয় আৰু অস্ত্ৰোপচাৰৰ দ্বাৰা চিকিৎসা সম্পন্ন কৰিব লগাত পৰে। প্ৰতিৰোধ যিকোনো আঘাতহানিব পৰা সৰু সৰু বস্তুবোৰ শিশুৰ পৰা নিলগত ৰাখি এটা সুস্থ আৰু দুৰ্ঘটনা সচেতন পৰিৱেশ সৃষ্টি কৰিব পাৰি। চিকিৎসা চিকিৎসা সাধাৰণতে এক পুংখানুপুংখ মূল্যায়নৰ সৈতে আৰম্ভ হয়। পৰীক্ষাৰ সময়ত ৰোগী গৰাকীৰ সমৰ্থনৰ হেতু কাৰোবাৰ উপস্থিতি অতি লাভজনক। যৌন নিৰ্যাতনৰ ফলত যোনিৰ আঘাতৰ ক্ষেত্ৰত এনে সমৰ্থনক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া হয়। এজন সমৰ্থকে ভুক্তভোগীক আৱেগিক সমৰ্থন প্ৰদান কৰে আৰু পুনৰ আঘাতপ্ৰাপ্ত হোৱাৰ আশংকা হ্ৰাস কৰাত সহায় কৰিব পাৰে। ভুক্তভোগীসকলৰ চিকিৎসা কৰা সকলে ধৰ্ষণ বা যৌন নিৰ্যাতনৰ সন্মুখীন হোৱা লোকসকলৰ যত্ন লোৱাৰ বাবে নিৰ্দিষ্ট প্ৰশিক্ষণৰ সৈতে যৌন নিৰ্যাতনৰ নাৰ্চ/ফৰেনচিক পৰীক্ষক (এছএএন/এফই) নিয়োগ কৰে। তেওঁলোকে এক কেন্দ্ৰীভূত চিকিৎসা-আইনী পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সক্ষম হয়। যদি এনে এজন প্ৰশিক্ষিত চিকিৎসক উপলব্ধ নহয়, জৰুৰীকালীন বিভাগৰ এটা যৌন নিৰ্যাতন প্ৰটোকল আছে যাক চিকিৎসা আৰু প্ৰমাণ সংগ্ৰহৰ বাবে স্থাপন কৰা হৈছে। তথ্যসূত্ৰ নাৰীৰ বিৰুদ্ধে
97664
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A7%8C%E0%A6%B6%E0%A6%BE%E0%A6%A6
নৌশাদ
নৌশাদ আলী ২৫ ডিচেম্বৰ ১৯১৯ ৫ মে' ২০০৬) হিন্দী চলচ্চিত্ৰৰ এজন সুৰকাৰ আছিল। তেওঁক হিন্দী চলচ্চিত্ৰ জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু অগ্ৰণী সংগীত পৰিচালক হিচাপে গণ্য কৰা হয়। তেওঁ চলচ্চিত্ৰত শাস্ত্ৰীয় সংগীতক জনপ্ৰিয় কৰাৰ বাবে বহুতভাবে পৰিচিত। স্বতন্ত্ৰ সংগীত পৰিচালক হিচাপে তেওঁৰ প্ৰথমখন ছবি আছিল ১৯৪০ চনত মুক্তি পোৱা প্ৰেম নগৰ। সংগীতৰ ক্ষেত্ৰত তেওঁৰ প্ৰথমখন সফল ছবি আছিল ৰত্ন (১৯৪৪); তাৰ পিছত তেওঁ সংগীত দিয়া ৩৫খন ছবিয়ে ৰূপালী জয়ন্তী ১২খন ছবিয়ে সোণালী জয়ন্তী আৰু ৩খন ছবিয়ে হীৰক জয়ন্তী পালন কৰিবলৈ সক্ষম হৈছিল। হিন্দী চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে নৌশাদক ১৯৮১ চনত দাদা চাহেব ফাল্কে বঁটা আৰু ১৯৯২ চনত পদ্মভূষণ প্ৰদান কৰা হৈছিল। প্ৰাৰম্ভিক জীৱন ভাৰতীয় মুছলমান সংস্কৃতিৰ কেন্দ্ৰ হিচাপে দীৰ্ঘদিনীয়া পৰম্পৰা থকা চহৰ লক্ষ্ণৌত নৌশাদ আলীৰ জন্ম আৰু পালন-পোষণ হৈছিল। তেওঁৰ পিতৃ ৱাহিদ আলী এজন মুঞ্চি আছিল। সৰুতে নৌশাদে লক্ষ্ণৌৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ বাৰাবাংকিৰ দেৱশ্বৰীফত অনুষ্ঠিত হোৱা বাৰ্ষিক মেলা চাবলৈ গৈছিল, য’ত সেই সময়ৰ সকলো মহান কাৱাল (কাবলী পৰিবেশন কৰা শিল্পী) আৰু সংগীতজ্ঞই ভক্তসকলৰ আগত অনুষ্ঠান পৰিৱেশন কৰিছিল। তাতেই তেওঁ ওস্তাদ ঘুৰবত আলী, ওস্তাদ ইউছুফ আলী, ওস্তাদ বাব্বন চাহেব আদিৰ অধীনত হিন্দুস্তানী সংগীতৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ হাৰমনিয়ামও মেৰামতি কৰিছিল। কৰ্মজীৱন মুম্বাইত তেওঁ প্ৰথমে লক্ষ্ণৌৰ এজন চিনাকি মানুহৰ লগত কোলাবাত থাকি কিছু দিনৰ পিছত দাদৰৰ ব্ৰডৱে থিয়েটাৰৰ ওচৰলৈ স্থানান্তৰিত হয়, য’ত তেওঁ ফুটপাথত শুইছিল। সেই সময়ত সফলতাৰ শিখৰত থকা সংগীত পৰিচালক উস্তাদ ঝণ্ডে খানক তেওঁ সহায় কৰিছিল আৰু তাৰবাবে মাহিলী দৰমহা পাইছিল ৪০ টকা। তেওঁ চেম্বুৰত অৱস্থিত এটা ষ্টুডিঅ’ত ৰাছিয়ান প্ৰযোজক এজনৰ সৈতে এখন ছবিৰ কাম কৰিছিল। এই ছবিখন সম্পূৰ্ণ কৰিব পৰা নহ’ল। তেওঁ সুৰকাৰ ওস্তাদ মুস্তাক হুছেইনৰ অৰ্কেষ্ট্ৰাত পিয়ানোবাদক হিচাপেও কাম কৰিছিল। ইয়াৰ পিছত তেওঁ এখন ছবিৰ অসমাপ্ত সংগীত পৰিমাৰ্জনৰ কৰি মুস্তাক হুছেইনৰ সহকাৰী হিচাপে ক্ৰেডিট লাভ কৰে। সংগীত পৰিচালক খেমচান্দ প্ৰকাশে তেওঁক ৰঞ্জিত ষ্টুডিঅ'ত প্ৰতিমাহে ৬০ টকা দৰমহাত কাঞ্চন ছবিৰ বাবে তেওঁৰ সহায়ক হিচাপে নিযুক্তি দিয়ে, যাৰ বাবে নৌশাদ তেওঁৰ প্ৰতি অত্যন্ত কৃতজ্ঞ হৈ থাকিল। এটা সাক্ষাৎকাৰত নৌশাদে খেমচান্দক নিজৰ গুৰু বুলি অভিহিত কৰিছিল। তেওঁৰ বন্ধু গীতিকাৰ ডি এন মাধোকে নৌশাদৰ সংগীত ৰচনাৰ অসাধাৰণ প্ৰতিভাক বিশ্বাস কৰি বিভিন্ন চলচ্চিত্ৰ নিৰ্মাতাৰ লগত চিনাকি কৰাই দিছিল। ৰঞ্জিত ষ্টুডিঅ’ৰ স্বত্বাধিকাৰী চান্দুলাল শ্বাহে নৌশাদক তেওঁৰ আহিবলগীয়া এখন ছবিৰ বাবে চুক্তিবদ্ধ কৰাৰ প্ৰস্তাৱ দিয়ে। নৌশাদে এই ছবিখনৰ বাবে বতা দে কোয়ী কৌন গলি গয়ে শ্যাম শীৰ্ষক এটা থুমৰি ৰচনা কৰিছিল, কিন্তু ছবিখন কেতিয়াও নিৰ্মাণ নহ’ল। তেওঁ পাঞ্জাবী ছবি মিৰ্জা চাহাবৰ (১৯৩৯) সহকাৰী সংগীত পৰিচালক আছিল। ১৯৪০ চনত তেওঁ প্ৰথমখন স্বতন্ত্ৰ ছবি প্ৰেম নগৰৰ বাবে ৰচনা কৰে। ছবিখনৰ কাহিনী গুজৰাটৰ কচ্চ অঞ্চলক লৈ গঢ়ি উঠিছিল; যাৰবাবে তেওঁ সেই অঞ্চলৰ লোক সংগীতৰ বিষয়ে যথেষ্ঠ গৱেষণা কৰি লৈছিল। এ আৰ কাৰদাৰৰ ছবি নয়ী দুনিয়াত (১৯৪২), তেওঁ "সংগীত পৰিচালক" হিচাপে প্ৰথম ক্ৰেডিট লাভ কৰে আৰু তেওঁ নিয়মিতভাৱে কাৰদাৰ প্ৰডাকচনৰ বাবে কাম কৰিবলৈ লয়। তেওঁৰ ক্ষেত্ৰত অৱশ্যে চুক্তিত এটা নমনীয়তা আছিল যে তেওঁ কাৰদাৰ প্ৰডাকচনৰ বাহিৰত কাম কৰিব পাৰে। আৰু এই ব্যৱস্থা তেওঁৰ সমগ্ৰ কৰ্মজীৱন জুৰি বাহাল থাকিল। এ আৰ কাৰদাৰৰ ছবি সাৰদাত তেওঁৰ কাম প্ৰথম চকুত পৰিছিল (১৯৪২); য'ত নায়িকা মেহতাবৰ বাবে গোৱা পঞ্চি যা শীৰ্ষক গীতটোৰে ১৩ বছৰীয়া সুৰাইয়াৰ গায়িকাৰ ৰূপে অভিষেক ঘটিছিল। ৰতন (১৯৪৪) ছবিখনে নৌশাদক শীৰ্ষলৈ লৈ গৈছিল আৰু সেই দিনবোৰত তেওঁক প্ৰতিখন ছবিৰ বাবে ২৫,০০০ টকা পাবলৈ সক্ষম কৰি তুলিছিল। চলচ্চিত্ৰ বিশেষজ্ঞ তথা লেখক ৰাজেশ সুব্ৰমণিয়ানৰ মতে ১৯৪৪ চনত কাৰদাৰ প্ৰডাকচনে ৰতন নিৰ্মাণৰ বাবে পয়সত্তৰ হাজাৰ টকা খৰচ কৰিছিল। নৌশাদৰ সংগীত ইমানেই হিট হৈছিল যে প্ৰথম বছৰতে কোম্পানীটোৱে গ্ৰাম’ফোন বিক্ৰীৰ পৰা ৰয়েল্টি হিচাপে ৩ লাখ টকা উপাৰ্জন কৰিছিল। কিন্তু তেওঁৰ লক্ষ্ণৌৰ ঘৰখন সংগীতৰ বিৰোধী হৈয়েই থাকিল; যাৰবাবে নৌশাদে সংগীত ৰচনা কৰা কথাটো পৰিয়ালৰ পৰা লুকুৱাই ৰাখিব লগীয়া হৈছিল। নৌশাদৰ বিয়াৰ সময়ত আমন্ত্ৰণ কৰি বেণ্ডটোৱে তেওঁৰ ছবি ৰতনৰ ছুপাৰ হিট গীতৰ সুৰ বজাই আছিল। তেওঁ হিন্দু আৰু মুছলমানৰ সংস্কৃতি আৰু সেই সংস্কৃতিৰ ভাষা বুজি পাইছিল। ১৯৪২ চনৰ পৰা ১৯৬০ চনৰ শেষৰ ফালে হিন্দী ছবিৰ অন্যতম শীৰ্ষ সংগীত পৰিচালক আছিল। তেওঁ জীৱনকালত ৬৫খন ছবি কৰিছিল আৰু তাৰ ভিতৰত ২৬খনে ৰূপালী জয়ন্তী (২৫ সপ্তাহ জুৰি একেৰাহে চলা) ৮খনে সোণালী জয়ন্তী (৫০ সপ্তাহ জুৰি একেৰাহে চলা) আৰু ৪খনে হীৰক জয়ন্তী (৬০ সপ্তাহ জুৰি একেৰাহে চলা) উদযাপন কৰিছিল। নৌশাদে কেইবাজনো গীতিকাৰ সৈতে কাম কৰিছিল, য'ত আছিল শ্বকিল বদয়ুনি, মাজৰুহ চুলতানপুৰী, ডি.এন.মাধোক। তেওঁ সংগীত ৰচনা কৰা মাদাৰ ইণ্ডিয়াই (১৯৫৭), অস্কাৰ বঁটাৰ বাবে মনোনীত হোৱা প্ৰথমখন ভাৰতীয় ছবি। ৮৬ বছৰ বয়সত তেওঁ তাজমহল: এন ইটাৰ্নেল লাভ ষ্ট'ৰীৰ (২০০৫) সুৰ ৰচনা কৰে। তেওঁৰ জীৱন আৰু কৰ্মক লৈ পাঁচখন ছবি নিৰ্মাণ কৰা হৈছে। প্ৰকাশিত জীৱনীমূলক গ্ৰন্থসমূহ হ’ল শশীকান্ত কিনিকাৰৰ দাস্তান-ই-নৌশাদ (মাৰাঠী);আজ গাৱত মন মেৰো (গুজৰাটী)। নৌশাদে ১৯৮৮ চনত হিন্দী চলচ্চিত্ৰ তাৰকা সঞ্জয় খান আৰু ফিৰোজ খানৰ ভাতৃ আকবৰ খানে পৰিচালনা কৰা টিভি ধাৰাবাহিক আকবৰ দ্য গ্ৰেট আৰু ১৯৯০ চনত সম্প্ৰচাৰিত হোৱা সঞ্জয় খান আৰু আকবৰৰ প্ৰযোজক আৰু পৰিচালিত দ্য ছ’ৰ্ড অৱ টিপু চুলতানৰ সংগীত ৰচনা কৰিছিল। বঁটা আৰু স্বীকৃতি ১৯৫৪: শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ফিল্মফেয়াৰ বঁটা- বেইজু বাৱৰা ১৯৬১: শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বেংগল ফিল্ম জাৰ্ণেলিষ্টছ্ এছোচিয়েচন বঁটা- গংগা যমুনা (১৯৬১) ১৯৭৫: নৌশাদ আলী শীৰ্ষক, মুম্বাই টেলিভিছন চেণ্টাৰ প্ৰযোজিত ৩০ মিনিটীয়া তথ্যচিত্ৰ ১৯৮১: দাদা চাহেব ফাল্কে বঁটা ১৯৮৪: মধ্যপ্ৰদেশ চৰকাৰৰ দ্বাৰা প্ৰদান কৰা লতা মংগেশকাৰ বঁটা। ১৯৮৭: আমিৰ খুশ্ৰু বঁটা ১৯৯০: দ্য চ'ৰ্ড অফ টিপু চুলতান টিভি ধাৰবাহিকৰ শ্ৰেষ্ঠ সংগীত ১৯৯২: সংগীত নাটক একাডেমী বঁটা ১৯৯২: ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে পদ্মভূষণ ১৯৯৩: উত্তৰ প্ৰদেশ চৰকাৰৰ দ্বাৰা অৱধ ৰত্ন বঁটা ১৯৯৪: মহাৰাষ্ট্ৰ গৌৰৱ পুৰস্কাৰ ২০০০: স্ক্ৰীণ জীৱনজোৰা সাধনা বঁটা ২০০৮: মুম্বাইৰ বান্দ্ৰাৰ কাৰ্টাৰ ৰোডক সংগীত সম্ৰাট নৌশাদ আলী নামেৰে পুনঃনামকৰণ তথ্যউৎস বাহ্যিক সংযোগ ফিল্মফেয়াৰ বঁটা বিজয়ী সংগীত নাটক একাডেমী বঁটা বিজয়ী দাদাচাহেব ফাল্কে বঁটা বিজয়ী পদ্মভূষণ বঁটা বিজয়ী ভাৰতীয় চলচ্চিত্ৰ
81729
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%81%E0%A6%A6%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%A3%E0%A6%BE%20%E0%A6%B6%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE
সুদক্ষিণা শৰ্মা
সুদক্ষিণা শৰ্মা জন্ম: ৮ আগষ্ট, ১৯৩৪) অসমৰ এগৰাকী খ্যাতনামা গায়িকা। তেওঁ অসম তথা ভাৰতৰ এগৰাকী সুখ্যাত গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত তথা চলচ্চিত্ৰ পৰিচালক ভূপেন হাজৰিকাৰ ভগ্নী আৰু গীতিকাৰ, সুৰকাৰ আৰু সংগীতশিল্পী দিলীপ শৰ্মাৰ পত্নী। জন্মসূত্ৰে তেওঁৰ নাম আছিল নিৰুপমা হাজৰিকা। ঘৰুৱা নাম কুইন, অৰ্থাৎ কুইন হাজৰিকা। জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁক নাম দিলে কুইনী হাজৰিকা। প্ৰথমাৱস্থাত এই নামেৰে তেওঁ ৰেডিঅ'ত গীত গাইছিল। তেওঁৰ বিনয়ী আৰু হাঁহিমুখীয়া স্বভাৱৰ বাবে শহুৰেক দীননাথ শৰ্মাই তেওঁক ‘সুদক্ষিণা’ নামটো দিছিল।শৈশৱতে তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মাৰ সান্নিধ্য লাভ কৰিছিল। দহ বছৰ বয়সতে সুদক্ষিণা শৰ্মাই কলিকতাত, বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্ত্বাৱধানত কমলনাৰায়ণ চৌধুৰীৰ সৈতে দ্বৈত কণ্ঠত ‘নাহৰ ফুলে নুশুৱায়’ (কথা আৰু সুৰ: বিষ্ণুপ্ৰসাদ ৰাভা), ‘বিশ্বৰে ছন্দে ছন্দে’, অ' মইনা আদিকে ধৰি চাৰিটা গীত বাণীবন্ধন কৰিছিল। ১৯৪৭ চনত, পানবজাৰৰ জুবিলী গাৰ্ডেনলৈ মহাত্মা গান্ধী আহোঁতে তেওঁ ‘এ জয় ৰঘু নন্দন’ গীত পৰিৱেশন কৰিছিল। সংগীতক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০২ চনত, সুদক্ষিণা শৰ্মাই স্বামী দিলীপ শৰ্মাৰ সৈতে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। সুদক্ষিণা শৰ্মাৰ জীৱনৰ আধাৰত ঔপন্যাসিক আৰাধনা পটংগীয়া গোস্বামীয়ে আগবাৰীত ফুলিলে সোণে মোৰ চম্পা শীৰ্ষক এখন জীৱনভিত্তিক উপন্যাস লিখি উলিয়াইছে। ‘আগবাৰীত ফুলিলে সোণে মোৰ চম্পা’ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত এটি জ্যোতি সংগীত। সুদক্ষিণা শৰ্মাৰ কণ্ঠত এই গীত বাণীবন্ধন হৈছিল। সংক্ষিপ্ত জীৱনী ১৯৩৪ চনৰ ৮ আগষ্ট তাৰিখে গুৱাহাটীৰ ভৰলুমুখত সুদক্ষিণা শৰ্মাৰ জন্ম হৈছিল। পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকা। ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, সমৰ হাজৰিকাকে ধৰি নীলকান্ত হাজৰিকাৰ দহোটা সন্তানৰ সুদক্ষিণা বা নিৰুপমা হাজৰিকা অছিল চতুৰ্থটি সন্তান। এটি সংস্কৃতিবান পৰিয়ালত জন্ম লাভ কৰা নিৰুপমাই সৰুৰেপৰাই ঘৰত গীত গোৱা দেখিছিল। মোমায়েক অনাথবন্ধুৱে ছেক্স’ফ’ন বজাইছিল। মাজু মাহীয়েক ভৱপ্ৰিয়াই তেওঁলোকক গীত গাবলৈ শিকাইছিল। মাক শান্তিপ্ৰিয়াইও গীত গাব জানিছিল। দেউতাকৰ চাকৰি সূত্ৰে, ১৯৩৯ চনত তেজপুৰ মজলীয়া প্ৰাথমিক বিদ্যালয়ত নিৰুপমাৰ শিক্ষাৰম্ভ হৈছিল। পাছত তেওঁ পানবজাৰ ছোৱালী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হৈ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত পঢ়া-শুনা কৰিছিল। দহ বছৰ বয়সতে তেওঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্ত্বাৱধানত কলিকতাত গ্ৰামফোন ৰেকৰ্ডত গীত গাইছিল। তেওঁৰ সাংগীতিক যাত্ৰা আৰম্ভ হৈছিল দেউতাক নীলকান্ত হাজৰিকাই ৰচনা কৰা আৰু জেষ্ঠ ভাতৃ ভূপেন হাজৰিকাই সুৰ দিয়া ‘অ’ মইনা কেতিয়া আহিলি তই’ গীতেৰে। মহাত্মা গান্ধীৰ মৃত্যুত তেওঁ ভূপেন হাজৰিকাৰ সৈতে ‘তেৰশ ছৌৱনৰ মাঘৰে মাহৰে বিয়লি পৃথিৱীৰ শিৰতে ব্ৰজপাত পৰিলে’ গীতটি কলিকতা ৰেডিঅ’ৰ বাবে গাইছিল। গীতটি লিখিছিল ভূপেন হাজৰিকাই। সুদক্ষিণা শৰ্মাই ‘মণিৰাম দেৱান’, ‘চিকমিক বিজুলী’, ‘পাৰঘাট’, ‘অবুজ বেদনা’, ‘হেঁপাহ’ আদি চলচ্চিত্ৰত ক্ৰমে সংগ্ৰাম লগ্নে আজি, তপ্ত শিখাৰে, হৰি নাচে কৃষ্ণ, অ’ কি ৰূপে পেখলো গীতত কণ্ঠদান কৰিছিল। বৰগীত, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, বনগীত, বিয়ানাম, বিহুনামতো সুদক্ষিণাৰ ব্যুৎপত্তি আছিল। লীলা গগৈৰ দিখৌ নৈৰ পাৰতে, গণেশ গগৈৰ আজি মধু নিশা, হেমেন হাজৰিকাৰ চিৰি পাতি মংগলখন চাওঁ, লক্ষ্মীনাথ বেজবৰুৱাৰ পুৰি গ’ল বৃন্দাবন, তিলকা হেনো, এ হে বিৰিন্দাবনতে; জ্যোতিপ্ৰসাদৰ আগাবাৰীত ফুলিলে সোণে মোৰ চম্পা আদি গীত সুদক্ষিণা শৰ্মাৰ কণ্ঠত বাণীবদ্ধ হৈছে। তদুপৰি নৱকান্ত বৰুৱা, পুৰুষোত্তম দাস, নীলকান্ত হাজৰিকা আৰু দিলীপ শৰ্মাৰ বহুকেইটা গীতো তেওঁ গ্ৰামফোন ৰেকৰ্ডত গাইছে। ১৯৫৩ চনত সুদক্ষিণা শৰ্মা ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ সম্পাদক হেমাংগ বিশ্বাস আৰু গণনাট্যৰ কৰ্মী হেম শৰ্মাৰ সান্নিধ্যলৈ আহে আৰু জনসচেতনতা বৃদ্ধিৰ বাবে গীত গায়। ভূপেন হাজৰিকাই প্ৰথমাৰ্ধত লিখা প্ৰায়বোৰ গীতৰ গায়িকা আছিল সুদক্ষিণা শৰ্মা। পৰৱৰ্তী সময়ত তেওঁ স্বামী দিলীপ শৰ্মাৰ সৈতে দ্বৈত কণ্ঠত বহুসংখ্যক গীত গায়। নতুন প্ৰজন্মৰ মাজত শুদ্ধ ৰূপত জ্যোতিসংগীতৰ চৰ্চাৰ বাবে তেওঁলোকে গোটেই অসম জুৰি জ্যোতিসংগীত প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰিছিল। জ্যোতিসংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁলোকে লোৱা উদ্যোগৰ বাবে, ২০০২ চনত, দিলীপ শৰ্মাৰ সৈতে যুটীয়াভাৱে তেওঁক সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰা হয়। ১৯৫৪ চনৰ ১২ আগষ্ট তাৰিখে গণশিল্পী, সুৰকাৰ আৰু গীতিকাৰ দিলীপ শৰ্মাৰ সৈতে সুদক্ষিণাৰ বিবাহ হৈছিল। তেওঁলোকৰ তিনি সন্তান ক্ৰমে- ঋতুপৰ্ণ শৰ্মা, ঋষিৰাজ শৰ্মা, ঋজুশ্ৰী শৰ্মা। সুদক্ষিণা শৰ্মাৰ শহুৰ আৱাহন আলোচনীৰ সম্পাদক দীননাথ শৰ্মা এগৰাকী সাহিত্যিক আৰু শাহু ৰেণু দেৱী। কণ্ঠদান কৰা গীত এককভাৱে গোৱা গীত অ’ মইনা (কথা নীলকান্ত হাজাৰিকা, সুৰ ভূপেন হাজৰিকা) দূৰণিৰ সৌ ৰিণি ৰিণি (কথা আৰু সুৰ আনন্দিৰাম দাস) মধুৰ মুৰুতি (কথা আৰু সুৰ পৰম্পৰাগত) সমাধিত সীতা (কথা গণেশ গগৈ) দিখৌ নৈৰে (কথা লীলা গগৈ, সুৰ মুকুল বৰুৱা) সখী হে (কথা লক্ষ্মীনাথ বেজবৰুৱা) আগবাৰীত ফুলিলে (কথা আৰু সুৰ জ্যোতিপ্ৰসাদ আগৰৱালা) যাৰ জীৱনৰ (কথা আৰু সুৰ পুৰুষোত্তম দাস) ৰং কিনিবা কোনে (কথা আৰু সুৰ ভূপেন হাজৰিকা) পুৰি গ’ল বৃন্দাবন (কথা লক্ষ্মীনাথ বেজবৰুৱা) লুইতৰ কুঁৱলী, সুৰৰ পানচৈ আৰু জীৱনৰ বাটৰ (কথা আনন্দিৰাম দাস) আমি অসমীৰে (কথা ৰুদ্ৰ বৰুৱা) চিৰিপাতি মঙলখন (কথা আৰু সুৰ হেমেন হাজৰিকা) এ হে বিৰিন্দাবনতে (কথা লক্ষ্মীনাথ বেজবৰুৱা) আজি মধু নিশা (কথা গণেশ গগৈ) এদিন গান গাঁৱতে (কথা পৰাগ কুমাৰ ভট্টাচাৰ্য) আজি ৰভাতল উদুলি মুদুলি ভেকুলী আইদেউৰ বিয়া (কথা পৰাগ কুমাৰ ভট্টাচাৰ্য) পদুমৰে পানচৈ (কথা পুৰুষোত্তম দাস) চলচ্চিত্ৰত এককভাৱে গোৱা সংগ্ৰাম লগ্নে আজি (কথা আৰু সুৰ ভূপেন হাজৰিকা, মণিৰাম দেৱান, ১৯৬৩) শেৱালিৰ পাহিটিৰ (কথা আনন্দিৰাম দাস, পাৰঘাট, ১৯৮৪) জেতুকা বোলেৰে (কথা আনন্দিৰাম দাস, পাৰঘাট, ১৯৮৪) অ’ কি ৰূপ পেখলো (কথা আৰু সুৰ পৰম্পৰাগত, চিকমিক বিজুলী) হৰি নাচে কৃষ্ণ (চিকমিক বিজুলী) কোৰাছ তপ্ত শিখাৰে (কোৰাছ মণিৰাম দেৱান) শৰৎকালৰ ৰাতি (সংগীবৃন্দ) এইটি বা কোন ওলালে (কথা আৰু সুৰ ভূপেন হাজৰিকা) তুমি কেনেকৈনো গীত গোৱা হে (ৰবীন্দ্ৰসংগীতৰ অনুবাদ নৱকান্ত বৰুৱা) ভূপেন হাজৰিকাৰ সৈতে মহাত্মাই হাসি বোলে ৰাম অ’ ৰহিম (কথা আৰু সুৰ: ভূপেন হাজৰিকা) তেৰশ চৌৱন্নৰ (কথা আৰু সুৰ: ভূপেন হাজৰিকা) এন্ধাৰ কাতিৰ নিশাতে (কথা আৰু সুৰ: ভূপেন হাজৰিকা) আগবাঢ়া বাঢ়া আগ (কথা আৰু সুৰ: ভূপেন হাজৰিকা) এইটি বা কোন ওলালে (মণিৰাম দেৱান) অ’ মোৰ চেনেহৰ অকণি বীৰ মহামানৱৰ ত্যাগ অগনিয়ে (কথা আৰু সুৰ: ভূপেন হাজৰিকা) জিলিকাব লুইতৰে পাৰ (গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্বোধনী অনুষ্ঠান) জীৱেৰ বেউলা অ’ মোৰ আজালা ছোৱালী কমলনাৰায়ণ চৌধুৰীৰ সৈতে নাহৰ ফুলে নুশুৱায় (কথা আৰু সুৰ বিষ্ণুপ্ৰসাদ ৰাভা) বিশ্বৰে ছন্দে ছন্দে (কথা বিষ্ণুপ্ৰসাদ ৰাভা) দিলীপ শৰ্মাৰ সৈতে নাহৰ ফুলে নুশুৱায় (কথা বিষ্ণুপ্ৰসাদ ৰাভা) এই আকাশ এখন মৰু (কথা নৱকান্ত বৰুৱা) তামোলৰে বাৰীখন অ’ (কথা আৰু সুৰ দিলীপ শৰ্মা) অ’ মোৰ ওপজা মাটি (কথা নীলকান্ত হাজৰিকা, সুৰ ৰিতুপৰ্ণ শৰ্মা) মোৰ মন এখনি ফুলনিবাৰী (কথা নীলকান্ত হাজৰিকা, সুৰ ৰিতুপৰ্ণ শৰ্মা) ধনপুৰ অ’ মনপুৰ অ’ (কথা আৰু সুৰ আনন্দিৰাম দাস) নৈ কাণে নৈ কাণে (কথা আৰু সুৰ আনন্দিৰাম দাস) ময়ো বনে যাওঁ স্বামী হে (কথা আৰু সুৰ দুৰ্গাবৰ) ৰাতি পুহাইল ৰে (কথা আৰু সুৰ পৰম্পৰাগত) কমলা কুঁৱৰী (কথা আৰু সুৰ পৰম্পৰাগত) তোৰে মোৰে আলোকৰে যাত্ৰা (কথা আৰু সুৰ জ্যোতিপ্ৰসাদ আগৰৱালা) লুইতৰে পানী যাবি ঐ বৈ (কথা জ্যোতিপ্ৰসাদ আগৰৱালা) মোৰে ভাৰতৰে মোৰে সপোনৰে (কথা জ্যোতিপ্ৰসাদ আগৰৱালা) জিৰ জিৰ জিৰ জিৰ জৰি গছৰ পাত (কথা: কেশৱ মহন্ত) মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে (কথা আৰু সুৰ বিষ্ণুপ্ৰসাদ ৰাভা) চিনাকি গাঁৱৰে পুৰণি দিনৰে ছবিখনি আজি নাই (কথা কীৰ্তিকমল ভূঞা, সুৰ দিলীপ শৰ্মা) এদিন লগ পাওঁতে তোমাক ভাল পালোঁ (কথা পৰাগ ভট্টাচাৰ্য) মৃত্যু ২০২৩ চনৰ ৩ জুলাই তাৰিখে ৰাতিপুৱা ৮.২৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সুদক্ষিণা শৰ্মাই শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি তেখেতে চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ শৰ্মাৰ দেহ দান কৰা হয়। বাহ্যিক সংযোগ সুদক্ষিণা শৰ্মাৰ গীতৰ ৱেবচাইট ইউটিউব তথ্যসূত্ৰ অসমীয়া কণ্ঠশিল্পী অসমৰ ব্যক্তি সংগীত নাটক একাডেমী বঁটা বিজয়ী মৃত
34549
https://as.wikipedia.org/wiki/%E0%A6%AF%E0%A6%BE%E0%A6%A6%E0%A7%81%20%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE
যাদু বিদ্যা
যাদু বিদ্যা এক অতি প্ৰাচীন বিদ্যা। হিন্দু ধৰ্ম্মাৱলম্বী দেশসমূহত এই বিদ্যা শঙ্কৰ-পাৰ্বতীৰ সৈতে জড়িত। কামৰূপৰ কামাখ্যা মাৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত। প্ৰকৃত যাদু বিদ্যা আহৰণ কাৰ্য্য সহজ সাধ্য নহয় বুলি এই বিদ্যাৰ লগত জড়িত সকলে কয়। যাদু বিদ্যাক অন্ধবিশ্বাসৰ ফলশ্ৰুতি বুলি নকৈ পূৰ্ণমাত্ৰা বিশ্বাসৰ ফলত প্ৰাপ্ত সাধনাৰ ফল বুলি তেওঁলোকে ক’ব খোজে। বিজ্ঞানৰ বলত আধুনিক জগতত যেনে ধৰণৰ কাম কাজবোৰ সমাধা কৰা সম্ভৱ হৈছে অতি প্ৰাচীন কালত যাদুৰ বলত এনেবোৰ কাম সমাধা কৰিবলৈ চেষ্টা কৰা হৈছিল। প্ৰাচীন পুথি-পাঁজি অধ্যয়ন কৰি যাদুকৰসকলে কয় যে যাদু-মন্ত্ৰৰ প্ৰভাৱেৰে কিছুমান অসম্ভৱকো সম্ভৱ কৰা হৈছিল। বৰ্তমান সমাজত যাদু শিক্ষাক তন্ত্ৰ-মন্ত্ৰৰ পৰা পৃথক কৰি যাদুক কলা হিচাপে লৈ মনোৰঞ্জনৰ বাবে নানা কৌশল প্ৰয়োগ কৰি যাদুকৰসকলে জীৱিকাৰ পথ কৰি লৈ সফল হৈছে। কেৱল ইমাণেই নহয়, যাদু শিক্ষাৰ কোনো ধৰণৰ জ্ঞান নথকা ভণ্ড বেজে নানা বেমাৰ-আজাৰ তথা সমস্যাত ভুগি মনোবল হেৰুৱাই পেলোৱা লোকক ঠগ-প্ৰৱঞ্চনা কৰাটোকেই নিজৰ জীৱিকাৰ পথ হিচাপে লৈছে আৰু এনেদৰে এচাম লোক অন্ধ বিশ্বাসৰ বলি হৈছে বুলি বহুতে অভিমত দিয়ে। যাদুৰ সংজ্ঞা যাদু (ভ্ৰম) হাতৰ কাৰ্চাজি ,তালিবাজি বা অন্য পদ্ধতিৰে আধিভৌতিক কাণ্ড আপাত দৃষ্টিত সমাপন কৰি দেখুওৱাকে যাদু বোলে। ইয়াক এটি পাৰফৰ্মিং আৰ্ট বা পৰিবেশনমুলক শিল্পও কোৱা হয়। এনে কাৰ্য্যত সম্পূৰ্ণ প্ৰাকৃতিক উপায় তথা উপকৰণ ব্যৱহাৰ কৰা হয়। যাদুকৰসকলে সুবিধা বুজি দৰ্শকক হাতকৰি লৈও অসম্ভৱ কাৰ্য্য সম্ভৱ কৰা প্ৰতিপন্ন কৰে। তাকে কৰি বিভ্ৰম ঘটাই শ্ৰোতা-দৰ্শকক চকুত ধূলি দি ঘটনা-পৰিঘটনাৰ সৃষ্টি কৰা দেখুৱাই তেওঁলোকক আমোদ দিয়ে। যাদু খেলৰ উদাহৰণ তলত দিয়া হ'ল। এক প্ৰকাৰ জাদু আছে জাতে ভূত তোমাৰ কিছু কৰতে না পাৰে ওটা হলো হাৰ হাৰ মহাদেব কাৰণ মহাদেব সবাৰ পিতা. দুটা একেধৰণৰ খালি টেমা লৈ দুয়োটাকে মাজ ভাগতে সুন্দৰকৈ কাটি লোৱা হয়। তাৰ পিছত দুয়োটা টেমাৰে সাঁফৰ থকা অংশ দুটা লৈ দুফালে দুখন সাঁফৰ থাকিবলৈ দি মাজত খাপ খাই পৰা বিভাজক দি ইটোৰ পৰা সিটো টেমা পৃথক কৰা হয়। এইদৰে দৃশ্যতঃ এটা টেমা হোৱাৰ পিছত এফালে চেনি আনফালে বালি ভৰাই লৈ যাদুকৰে 'গিলি গিলি ফু--। 'ইত্যাদি কৈ দৰ্শকৰ অমনোযোগিতাৰ সুযোগ লৈ একেটা টেমাৰ পৰা এবাৰ বালি এবাৰ চেনি উলিয়াই বাহ্ বাহ্ লয়। অন্যদৰ্শকবৃন্দই নজনাকৈ দুজন দৰ্শকক হাতকৰি এজনৰ পৰা এটা বস্তু খুজি লৈ সেইটো নষ্ট কৰি বা পেলাই দি দৰ্শকক হাতচাপৰি বজাবলৈ কৈ নিজৰ নিজৰ পকেটত বস্তুটোৰ সন্ধান কৰিবলৈ ক'লে দ্বিতীয়জনে ইতিপূৰ্বে পকেটত থোৱা বস্তুটো উলিয়াই দিলেই দৰ্শক আচৰিত হয় আৰু আমোদ পায়। যাদু (অস্বাভাৱিক) যাদু হ'ল প্ৰাকৃতিক শক্তিসমূহক কাৰ্চাজি কৰিবলৈ ব্যৱহৃত অস্বাভাৱিক(অবৈজ্ঞানিক) পদ্ধতি। ইয়াত বিভিন্ন প্ৰাকৃতিক ঘটনাৰ আধিভৌতিক ব্যাখ্যা দাঙি ধৰা হয়। ই এক ধাৰণাগত প্ৰদ্ধতি যাৰ মাধ্যমত মানুহে প্ৰকৃতিৰ স্বাভাৱিক কোনো ঘটনা বস্তু,জীৱ বা ভূত কাৰ্য্য-কলাপৰ অতিন্দ্ৰীয় আধিভৌতিক বা অতিপ্ৰাকৃত ব্যাখ্যা প্ৰতিষ্ঠিত কৰে। এনে যাদুবিদ্যাৰ বিষয়ে এইবিদ্যাৰ স'তে জড়িত পণ্ডিতসকলে বিষদ বিৱৰণ দিছে। “ব্যোমবক্ত্ৰং মহাকায়ং প্ৰলয়াগ্নিসমপ্ৰভম। অভেদ্যভেদকং স্তৌমি ক্ৰোধভৈৰবনামকম॥” অৰ্থাৎ ‘আকাশৰ দৰে বদনবিশিষ্ট, প্ৰকাণ্ড দেহধাৰী আৰু প্ৰলয়কালৰ অগ্নিৰ দৰে আভাবিশিষ্ট তথা অভেদ্যভেদক উন্মত্ত ক্ৰোধ ভৈৰৱদেৱক প্ৰথমেই আৰাধনা কৰোঁ। ’-------যাদুশিক্ষাৰ পাতনিতে এইদৰে ভৈৰৱদেক আৰাধনা কৰে। ষট্ কৰ্ম্ম বিদ্যা শান্তিকৰ্ম্ম বশীকৰণ স্তম্ভন বিদ্বেষণ উ্চ্চাটন মাৰণ এই ছয়বিধ কৰ্ম্মকে পণ্ডিতসকলে ষট্ কৰ্ম্ম নামেৰে অভিহিত কৰিছে। ইয়াৰ দ্বাৰা ক্ষীণবল মানৱে নানা ধৰণৰ অসাধ্য অসম্ভৱ আৰু অদ্ভ্যুৎ কাণ্ড-কাৰাখানা অনায়াসে সাধন কৰিব পাৰে বুলি এই বিদ্যাত বিশ্বাসীসকলে মত পোষণ কৰে। দেৱতা আৰু মন্ত্ৰত যাৰ বিশ্বাস আছে হৃদয়ত ভক্তি আছে প্ৰাণত একাগ্ৰতা আছে তেওঁলোকে উক্ত কৰ্ম্মত সিদ্ধি লাভ কৰিব পাৰে বুলি তেওঁলোকে দৃঢ়তাৰে কয়। যি কাৰ্য্যৰ দ্বাৰা বিষনাশ হয়, বিৰূদ্ধজনিত দোষ আৰু কুকৃত্য অৰ্থাৎ শত্ৰুৱে কৰা মাৰণাদি কাৰ্য্য নিবাৰিত হয় তাকে শান্তি আৰু বশীকৰণ কৰ্ম্ম বোলে। যিবোৰ কৰ্ম্মৰ দ্বাৰা আনৰ প্ৰবৃতিৰোধ অৰ্থাৎ কাৰ্য্যকাৰিতা শক্তি নষ্ট কৰা যায় তাকে স্তম্ভনকাৰ্য্য বোলে। পৰস্পৰ স্নেহসূত্ৰে আৱদ্ধ প্ৰণয়িবৰ্গৰ স্নেহৰ বিচ্ছেদ ঘটাই দিয়াকে বিদ্বেষণ কাৰ্য্য বোলে। যি কাৰ্য্যৰ দ্বাৰা কোনো লোকক স্বদেশৰ পৰা বিতাৰণ কৰা হয় তাকে উচ্চাটন বোলে। অন্যহাতে যি কাৰ্য্যৰ দ্বাৰা জীৱগণক বিনষ্ট কৰা যায় ,তাকে মাৰণ বোলে। এইবিলাক কাৰ্য্য সাধন কৰিবলৈ হ’লে ষট্ কৰ্ম্মৰ প্ৰত্যেক দেৱতা দিশ,আসন ইত্যাদি বিষয়ে জানি লৈহে কামত অগ্ৰসৰ হ’য়, অন্যথাই ফলাফল লাভ কৰাৰ সম্ভাৱনা নাই। সকলোবিধ কাৰ্য্য সাধনৰ একোটা পৃথক অনুষ্ঠান আছে। ইয়াক এৰাই চলি কোনো কাম কৰিলে সেয়া সুসিদ্ধ নহয় বুলি যাদু বিদ্যাৰ গুৰুসকলে কয়। তন্ত্ৰশাস্ত্ৰত পৃথক পৃথক কাৰ্য্যৰ বাবে পৃথক নিয়ম নিৰ্দ্দিষ্ট কৰি থোৱা আছে। যি কোনো কামত কৃতকাৰ্য্য হ’বলৈ হ’লে যিধৰণে যিনিয়মে আৰু যিসময়ত তাত প্ৰবৃত্ত হ’ব লাগে সেই সেই বিষয়ে আগেয়ে জনা দৰকাৰ। এইবোৱ যথাযথ ভাৱে জানি যদি কাৰ্য্যক্ষেত্ৰত অগ্ৰসৰ হয় তেনেহলে কেতিয়াও নিৰাশ হ’ব লগা নহয়। কেৱল মাত্ৰ মন্ত্ৰ পাঠ বা জপ কৰিলেই কাৰ্য্যসিদ্ধি নহয়। যিকোনো ধৰণৰ কাৰ্য্য সাধন কৰিবলৈ হ’লে চিত্তৰ একাগ্ৰতা আৰু সদ্ গুৰুৰ উপদেশ আৱশ্যক। সকলোবোৰ তন্তৰ-মন্ত্ৰই গুৰূপদিষ্ট নহ’লে তাৰ দ্বাৰা কোনো ফল পোৱা নাযাব। মূলতঃ সাধনা কৰিবলৈ ইচ্ছুক ব্যক্তিয়ে প্ৰথমে যথাসাধ্য ইন্দ্ৰীয়-সংযমসহকাৰে নিজ-গুৰুৰ ওচৰত দী্ক্ষা গ্ৰহণ কৰিব লাগিব পিছত তেৰাৰ উপদেশ অনুযায়ী কাৰ্য্য কৰি যাব লাগিব। ষট্ কৰ্ম্মৰ দেৱতা ভিন্ন ভিন্ন কামৰ বাবে ভিন্ন দেৱতা,দিক্ ,কাল, আসন প্ৰভৃতি নিৰ্দ্দিষ্ট কৰি থোৱা আছে; গতিকে প্ৰথমে এইবোৰ বিষয়ে জনা দৰকাৰ। কোন সময়ত কোন কাৰ্য্য কিধৰণে অনুষ্ঠিত কৰিব লাগে, কোনটো দিশত বহি কোন আসনত কেনেদৰে বহি কোন কাৰ্য্য কৰা হয় আৰু কোন কাৰ্য্য সাধনৰ আগত কোন দেৱতাৰ পূজা কৰা কৰ্ত্তব্য তাক নজনাকৈ কাৰ্য্য কৰিলে সিদ্ধি লাভৰ সম্ভাৱনা নাই বুলি এই বিদ্যাৰ গুৰুসকলে মত পোষণ কৰে। এতিয়া ষট্ কৰ্ম্মৰ দেৱতাসকলৰ নাম কোৱা হৈছে---- শান্তিকাৰ্য্যৰ দেৱতাৰ ৰতি বশীকৰণৰ দেৱী ব স্তম্ভন কাৰ্য্যৰ দেৱী ৰমা বিদ্বেষণ কাৰ্য্যৰ জ্যেষ্ঠা উচ্চাটনৰ দেৱী দুৰ্গা মাৰণ কাৰ্য্যৰ দেৱী ভদ্ৰকালী গতিকে কাৰ্য্যত প্ৰবৃত্ত হোৱাৰ আগত কৰ্ম্ম বিভাজন অনুযায়ী দেৱতা গৰাকীৰ যথাবিহিত পূজা কৰি কাৰ্য্যানুষ্ঠান কৰা হয়। দেৱতাৰ অৱস্থিতি ভাব কোন কৰ্ম্মত দেৱতাক কি ধৰণে অৱস্থিত কৰি চিন্তা কৰা হয় তাক উল্লেখ কৰা যাওক। মাৰণ কাৰ্য্য কৰিবলৈ হ’লে দেৱতাক উত্থিত, উচ্চাটনত নিদ্ৰিত আৰু অন্যান্য কাৰ্য্যত সমাসীন চিন্তা কৰা হয়। দেৱতাৰ বৰ্ণ এতিয়া ষট্ কৰ্ম্মত কোন দেৱতাক কেনে ধৰণৰ বৰ্ণবিশিষ্ট ধ্যান কৰা যায় তাক কোৱা হওক। বশীকৰণ,আকৰ্ষণ,উন্মাদকৰণ আৰু ক্ষোভন কাৰ্য্যত দেৱতাক শোণিতবৰ্ণ; শান্তি, পুষ্টি আৰু নিৰ্ব্বিষীকৰণত শুক্লবৰ্ণ; স্তম্ভন কাৰ্যভত পীতবৰ্ণ; উচ্চাটনত ধূম্ৰবৰ্ণ; বিদ্বেষণত মিশ্ৰবৰ্ণ আৰু মাৰণকাৰ্য্যত কৃষ্ণবৰ্ণ চিন্তা কৰা হয়। সাত্ত্বিকাদি ভেদে বৰ্ণ চিন্তন সাত্ত্বিক কাৰ্য্যত দেৱতাক সমাসীন আৰু শুক্লবৰ্ণ চিন্তা কৰা হয়। ৰাজসিক কৰ্ম্মত পীত, ৰক্ত বা শ্যামবৰ্ণ চিন্তা কৰা যায়। তামসিক কৰ্ম্মত দেৱতাক কৃষ্ণবৰ্ণ আৰু যানমাৰ্গ পৰিস্থিতিত জ্ঞান কৰে। যিসকলে মোক্ষলাভ কামনা কৰে তেওঁলোকে ৰাজসিক কৰ্ম্মৰ অনুষ্ঠান কৰে। তামস কৰ্ম্মৰ অনুষ্ঠান কৰি শত্ৰুবিনাশ,ৰোগশান্তি আৰু উপদ্ৰব শান্তি কৰিব লাগে বুলি বিধান আছে। ষট্ কৰ্ম্মৰ দিক নিৰ্ধাৰণ ঈশান কোণ শান্তিকৰ্ম্মত, উত্তৰ দিক বশীকৰণত, পূৰ্ব্বদিক স্তম্ভনকৰ্ম্মত, নৈঋত কোণ বিদ্বেষণ কৰ্য্যত, বয়ুকোণ উচ্চাটন কাৰ্য্যত আৰু অগ্নি কোণ মাৰণ কাৰ্য্যত প্ৰশস্ত। এই ধৰণেই উপবেশন কৰি কাৰ্য্য সমাপন কৰে। অন্যথাই কাৰ্য্য সিদ্ধি নহ’য় বুলি গুৰুসকলে কৈছে। চামুণ্ডাতন্ত্ৰত এইবোৰ বিতংভাৱে উল্লেখ আছে। ষট্ কৰ্ম্মৰ ঋতু কাল নিয়ম দিনৰাতিৰ মাজত কৰ্ম্ম পৰম্পৰাত ছয় ঋতুৰ উদয় হয়। সূৰ্য্যোদয়ৰ পৰা দহ দহ দণ্ডত এটা এটা ঋতু সংঘটন হয়। প্ৰথম দহ দণ্ড বসন্ত ঋতু, দ্বিতীয় দহ দণ্ড গ্ৰীস্ম, তৃতীয় দহ দণ্ড বৰ্ষা ,চতুৰ্থ দহ দণ্ড শৰৎ, পঞ্চম দহ দণ্ড হেমম্ত আৰু ষষ্ঠ দহ দণ্ড শীত ঋতু বুলি ধৰা হয়। মুঠতে, অৰ্দ্ধ ৰাতি শৰৎ প্ৰভাতত হেমন্ত পূৰ্বাহ্ণত বসন্ত, মধ্যাহ্নত গ্ৰীস্ম, অৰাহ্নত বৰ্ষা আৰু সন্ধ্যা শীত কাল। শান্তি কৰ্ম্মত হেমন্ত, বশীকৰণত বসন্ত, স্তম্ভনত শীত, বিদ্বেষণত গ্ৰীস্ম, উচ্চাটনত বৰ্ষা আৰু মাৰণ কাৰ্য্যত শৰৎ ঋতু বিহিত। এই ধৰণে দিনৰ কোন কোন সময়ত কোন ঋতু উদয় হয় নিৰ্ণয় কৰি যট্ কৰ্ম্ম সমাপন কৰে। ষট্ কৰ্ম্মৰ তিধি বাৰ শান্তিকৰ্ম্মত দ্বিতীয়া,পঞ্চমী আৰু সপ্তমী তিথি তথা বুধ, বৃহস্পতি আৰু সোমবাৰ প্ৰশস্ত। বৃহস্পতি আৰু সোমবাৰে ষষ্ঠী,চতুৰ্থী ,ত্ৰয়োদশী,নৱমী, অষ্টমী আৰু দশমী তিথি হ’লে সেইদিনা পুষ্টিকৰ্ম্ম সফল হয়। যি কৰ্ম্মৰ দ্বাৰা ধন-জনাদি ক্ৰমান্বয়ে বৃদ্ধিপ্ৰাপ্ত হয়, মুনিসকলে তাকেই পুষ্টিকৰ্ম্ম বুলি কৈছে। তথ্য সংগ্ৰহ প্ৰাচীন পুথি--যাদু শিক্ষা (লেখকৰ নাম পোৱা নগ'ল) শিক্ষাকৰুণ নাথ পৰিবেশ্য কলা দিপাংকৰ
78122
https://as.wikipedia.org/wiki/%E0%A6%9B%E0%A6%AC%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A6%B2%20%E0%A6%89%E0%A6%AA%E0%A6%BE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AF%E0%A6%BC%20%28%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%BF%E0%A6%95%29
ছবিলাল উপাধ্যায় (সাহিত্যিক)
ছবিলাল উপাধ্যায় (জন্ম: ৩ নৱেম্বৰ, ১৯৩৬) এগৰাকী শিক্ষক, সাহিত্যিক। তেখেতে ১৯৯৮ চনত সাহিত্য অকাডেমি অনুবাদ বঁটা আৰু ২০২১ চনত উষা-অনিৰুদ্ধ মহাকাব্যৰ বাবে পুনৰবাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১৯৭৫ চনৰ পৰা সাহিত্য চৰ্চা আৰম্ভ কৰা উপাধ্যায়ে ১৯৯০ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰে। তেওঁ বৰ্তমান শোণিতপুৰ জিলাৰ ঢেকিয়াজুলী অঞ্চলৰ ৬নং ৱাৰ্ডৰ বাসিন্দা। জন্ম আৰু শিক্ষা বৰ্তমানৰ বিশ্বনাথ জিলাৰ বিশ্বনাথ ঘাট অঞ্চলত ১৯৩৬ চনৰ ৩ নৱেম্বৰ তাৰিখে ছবিলাল উপাধ্যায় দেৱৰ জন্ম হয়। তেওঁৰ পিতৃ স্বৰ্গীয় ৰামনাথ উপাধ্যায় আৰু মাতৃ স্বৰ্গীয় ধনমায়া উপাধ্যায়। তেখেতৰ অধ্যয়নৰ শৈক্ষিক ক্ষেত্ৰ খনত অন্তৰ্ভুক্ত হৈছে সাহিত্য ৰত্ন, ৰাষ্ট্ৰভাষা ৰত্ন, পাৰংগত আৰু জাৰ্নেলিজম। তেখেত বিষ্ণু মায়া দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুটি পুত্ৰ সন্তান ক্ৰমে দেৱৰাজ উপাধ্যায়, গোপাল খতিওডা আৰু দুগৰাকী কন্যা সন্তান ক্ৰমে হেমলতা দেৱী আৰু ৰেখা দেৱী। কৰ্মসূত্ৰে উপাধ্যায় দেৱ বৰ্তমান শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি অঞ্চলৰ ৬নং ৱাৰ্ডৰ বাসিন্দা। সেৱা আৰু সাহিত্য পেছাগত ভাৱে উপাধ্যায় দেৱ এগৰাকী শিক্ষক আৰু সাহিত্যিক। তেওঁ শোণিতপুৰ জিলাৰ ৰঙাগড়া মধ্য ইংৰাজী বিদ্যালয়ৰ হিন্দী শিক্ষক হিচাপে কৰ্মৰত আছিল। ১৯৯৫ চনত তেওঁ শিক্ষক পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁ ১৯৭৫ চনৰ পৰাই সাহিত্য চৰ্চাত মনোনিবেশ কৰে যদিও ১৯৯০ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়ায়। তেওঁ চন্দ্ৰনাথ শৰ্মা, ঘনশ্যাম বৰুৱা, লোকনায়ক অমিয় কুমাৰ দাস আদিৰ সান্নিধ্যত ভাৰতৰ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰে। তৎকালীন ব্ৰিটিছ চৰকাৰে কাজিৰঙাৰ আশে-পাশে থকা গোৰ্খা আৰু মিচিং লোকৰ গৰু-ম’হৰ খুঁটি উচ্ছেদৰ প্ৰস্তুতি চলায়। ছবিলাল উপাধ্যায়ে ১৯১৯ চনত তেজপুৰত অনুষ্ঠিত ‘অসম এছোচিয়েচন’ৰ সভাত এই উচ্ছেদৰ বিৰুদ্ধে প্ৰস্তাৱ উত্থাপন কৰে আৰু প্ৰস্তাৱটো গৃহীত হয়। ‘অসম এছোচিয়েচন’ৰ লগত যুক্ত ছবিলাল উপাধ্যায়ৰ সভাপতিত্বত ১৯২১ চনৰ ১৮ এপ্ৰিলৰ দিনা যোৰহাটত অনুষ্ঠিত হোৱা সভাত ‘অসম এছোচিয়েচন’ক অসম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ ৰূপান্তৰিত কৰা হয়। ছবিলাল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি নিৰ্বাচিত হয়। বৃটিছে ছবিলাল উপাধ্যায়ক কংগ্ৰেছৰ পৰা আঁতৰত ৰাখিবলৈ মৌজাদাৰ,কাউন্সিলাৰ, বৰলাট আদি লোভনীয় পদ যাচিছিল। তেওঁ এই সকলোবোৰ প্ৰত্যাখ্যান কৰি গান্ধীৰ নেতৃত্বত চলা অসহযোগ আন্দোলনত স্বেচ্ছাসেৱীৰূপে যোগদান কৰিছিল আৰু ছমাহ কাৰাবাস খাটিছিল। জেলৰ পৰা ওলাই আহি তেওঁ বিদেশী বস্তু বৰ্জন কাৰ্যসূচীত সহযোগ কৰে আৰু প্ৰথমে নিজৰ ঘৰত থকা বিদেশী বস্তু জ্বলায়। তেওঁ স্থানীয়ভাবে স্বদেশী বিদ্যালয় স্থাপনত আগভাগ লয়। ১৯৪২ চনত মহাত্মা গান্ধীৰ নেতৃত্বত চলা ভাৰত ত্যাগ আন্দোলনতো তেওঁ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। প্ৰকাশিত গ্ৰন্থ আদি ১৯৭৫ চনৰ পৰা লিখিবলৈ আৰম্ভ কৰা উপাধ্যায় দেবে ১৯৯০ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াই, তেওঁৰ দ্বাৰা ৰচিত বিভিন্ন গ্ৰন্থসমূহৰ ভিতৰত কবিতা, সমালোচনা, পৌৰাণিক আখ্যান, অনুবাদ সাহিত্য আদি বিদ্যমান। এই গ্ৰন্থসমূহ হৈছে- লীল বাহাদুৰ ছেত্ৰী তথা উনকো ব্ৰহ্মপুত্ৰকো ছেউ ছাউ, সমালোচনা (১৯৯০ চন) পবন দূত,অস্তিত্ব বোধ (খণ্ডকাব্য, ১৯৯০-৯১) চন্দ্ৰগুপ্তা নাটক (অনুবাদ,-১৯৯২ চন) (সাহিত্য অকাডেমি পুৰস্কাৰ প্ৰাপ্ত, ১৯৯৮ চন) কামৰূপা কাব্য (১৯৯৫ চন) ছবি কবিতা সংগ্ৰহ (২০০০ চন) শাকুন্তল মহাকাব্য এক দৃষ্টি (সমালোচনা, ২০০১ চন) দেবকোটা মহাকাব্য (২০০২ চন) মিৰি কন্যা (অসমীয়া মিৰি জিয়ৰী নেপালী অনুবাদ, ২০০৫ চন) দেৱকোটাকো ব্যক্তিত্ব তথা উনকো মুনামদন, গীতি কাব্যৰ সমালোচনা (২০০৫ চন) স্কন্দগুপ্ত (অনুবাদঃ নাটক, ২০০৩ চন) কবিৰ কবিতা (কবিতা সঙ্কলন, ২০০৮ চন) কীৰ্ত্তন ঘোষা (শ্ৰীশ্ৰী শংকৰদেৱ বিৰচিত) নেপালী অনুবাদ যুগ্ম (২০০৮ চন) মৃত্যুঞ্জয় (ডা০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য বিৰচিত নেপালী অনুবাদ, ২০০৯ চন) গুৰুপুত্ৰ (ডা০ ভৃণ্ডমোহন গোস্বামী বিৰচিত “গোসাঁইৰ ল’ৰা”ৰ নেপালী অনুবাদ, ২০১১) কল্পনা মাধুৰী (কবিতা সংকলন, ২০১১ চন) ছন্দৰ অলংকাৰ (লক্ষণ গ্ৰন্থ, ২০১১ চন) উত্তৰ পূৰ্বাঞ্চল ভাৰতীয় নেপালী সাহিত্য কো গতিবিধি মাথি এক দৃষ্টি (২০১২ চন) সমীক্ষাত্মক নিবন্ধহৰু (নিবন্ধ সংকলন, ২০১২ ২০) নিবন্ধাবলী (নিবন্ধ সংকলন, ২০১৩ চন) লৌহিত্য (প্ৰবন্ধ কাব্য, ২০১৪ চন) চানাকা লহৰ হক (আত্মকথাত্মক প্ৰবন্ধ, ২০১৪ চন) ভূমিকেই ভূমিকা (ভূমিকা নিবন্ধ, ২০১৫ চন) ঔড়াহামা বাঁচেকো জীবন (কথা সংকলন, ২০১৬ চন) কাব্যসেতু (কবিতা সংকলন, ২০১৭ চন) ঊষা অনিৰুদ্ধ (মহাকাব্য, ২০১৮ চন) (২০২১ চনৰ সাহিত্য একাডেমি বঁটা প্ৰাপ্ত) বিবিধাবলী (সমীক্ষাত্মক নিবন্ধ, ২০২০ চন) মেৰো জন্মভূমি (কবিতা সংকলন, ২০২১ চন) স্ৰষ্টা, সৃষ্টি তথা দৃষ্টি (সমীক্ষাত্মক নিবন্ধ,২০২১ চন) এইসমূহৰ বাদেও ১৯৮৭ চনৰ পৰা ধাৰাবাহিকভাৱে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা তেখেতৰ বিভিন্ন চুটি গল্প, কবিতা তথা বিভিন্ন লেখা আদি প্ৰচাৰিত হৈ আহিছে। বঁটা আৰু সন্মান নেপালী সাহিত্যত উপাধ্যায় দেৱে হিন্দী সাহিত্যৰ পৰা অনুবাদ কৰা গ্ৰন্থ চন্দ্ৰগুপ্তা নাটকৰ বাবে ১৯৯৮ চনৰ সাহিত্য একাডেমিৰ অনুবাদ বঁটা লাভ কৰে। একে বছৰতে নেপালী সাহিত্য সভাই তেখেতক কবি পুষ্পলাল উপাধ্যায় স্মৃতি পুৰস্কাৰৰে সন্মানিত কৰে। ২০২০ বৰ্ষত নেপালী সাহিত্য অধ্যয়ন সমিতি কালেবুংপ বংগৰ তৰফৰ পৰা তেখেতলৈ ডা৹ পাৰশমণি পুৰস্কাৰ আগবঢ়োৱা হয়। ২০২১ বৰ্ষত উপাধ্যায় দেৱে মদন স্মাৰক সন্মান আৰু পুৰস্কাৰ, শিৱলাল শাস্ত্ৰী পুৰস্কাৰৰ উপৰি ঊষা-অনিৰুদ্ধ মহাকাব্যৰ বাবে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰে। ইয়াৰোপৰি ৰাজ্যচৰকাৰৰ ২০২১ বৰ্ষৰ চৈয়দ আব্দুল মালিক বঁটাৰ বাবেও তেখেতক নিৰ্বাচিত কৰা হয়। অসম চৰকাৰৰ দ্বাৰা ২০০৩ চনৰ পৰা তেখেতক আজীৱন সাহিত্যিক পেঞ্চন প্ৰদান কৰি থকা হৈছে। তথ্যসূত্ৰ নেপালী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী জীৱিত
52353
https://as.wikipedia.org/wiki/%E0%A6%AF%E0%A6%A4%E0%A7%80%E0%A6%A8%20%E0%A6%97%E0%A7%8B%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%AE%E0%A7%80
যতীন গোস্বামী
নৃত্যাচাৰ্য যতীন গোস্বামী এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। ভাৰতৰ শাস্ত্ৰীয় নৃত্যসমূহৰ ভিতৰত অন্যতম সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গুৰু যতীন গোস্বামী বিশেষভাৱে জনাজাত। তেওঁ গুৱাহাটীত অৱস্থিত সত্ৰীয়া একাডেমীৰ প্ৰতিষ্ঠাপক সঞ্চালক আৰু বৰ্তমান উপদেষ্টা মণ্ডলীৰ সদস্য। তেওঁ সংগীত নাটক একাডেমীৰ সাধাৰণ পৰিষদৰ প্ৰাক্তন সদস্য আছিল। তেওঁ আলোক শিল্পী সংঘ নামৰ নৃত্য একাডেমী আৰু প্ৰাগজ্যোতি কলা পৰিষদ নামৰ সংস্কৃতিক সংস্থাৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁ সত্ৰীয়া নৃত্যলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৪ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ২০০৮ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। ২০১৯ চনত সংগীত নাটক একাডেমীয়ে গুৰু যতীন গোস্বামীক ২০১৮ চনৰ বাবে একাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমী ফেল'শ্বিপ বা সদস্য ৰত্ন প্ৰদান কৰে। মহেশ্বৰ নেওগ আৰু ভূপেন হাজৰিকাৰ পিছত এই সন্মান লাভ কৰা তেওঁ তৃতীয়গৰাকী অসমীয়া। প্ৰাৰম্ভিক জীৱন ১৯৩৩ চনৰ ২ আগষ্ট তাৰিখে গোলাঘাট জিলাৰ দেৰগাঁও দাধৰাৰ আধাৰ সত্ৰত যতীন গোস্বামীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ সত্ৰীয়া সংগীতৰ এগৰাকী সু-প্ৰতিষ্ঠিত শিল্পী স্বৰ্গীয় ধৰণীধৰ দেৱগোস্বামী আৰু মাতৃ স্বৰ্গীয়া চন্দ্ৰপ্ৰভা দেৱী। সত্ৰীয়া পৰিৱেশত জন্মগ্ৰহণ কৰা গোস্বামীদেৱে সৰু থাকোঁতেই পিতৃৰ তত্ত্বাৱধানত সত্ৰীয়া নাচৰ চৰ্চা আৰম্ভ কৰিছিল। পিছলৈ তেখেতে কমলাবাৰী সত্ৰৰ প্ৰসিদ্ধ সত্ৰীয়া শিল্পী মণিৰাম দত্ত মুক্তিয়াৰ আৰু স্বৰ্গীয় ৰসেস্বৰ শইকীয়া বৰবায়নৰ তত্ত্বাৱধান্ত নৃত্যৰ শিক্ষা গ্ৰহণ কৰে। সত্ৰীয়াৰ উপৰিও তেখেতে জয়পুৰত গুৰু গণেশ হীৰালালৰ তত্ত্বাৱধানত কথক আৰু গুৰু অটম্বা সিংৰ তত্ত্বাৱধানত মণিপুৰী নৃত্যৰ শিক্ষাও লাভ কৰিছিল। তেওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ একান্ত অনুৰাগী আছিল। তেওঁ কুৰি বছৰ বয়সতেই ৰাভাদেৱৰ সংস্পৰ্শলৈ আহিছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্ত্বাৱধানত গোস্বামীদেৱে সত্ৰীয়া নৃত্য আৰু নাটকৰ উপৰিও অসমীয়া লোকসংগীতৰ শিক্ষা গ্ৰহণ কৰে। কৰ্মজীৱন ১৯৬০ চনত প্ৰথম অসমীয়া শিল্পী হিচাপে গোস্বামীদেৱে দিল্লী দুৰদৰ্শনত সত্ৰীয়া সংগীতৰ অনুষ্ঠান প্ৰদৰ্শন কৰিছিল। ১৯৬২ চনত বিষ্ণুপ্ৰসাদ ৰাভা, ৰসেস্বৰ শইকীয়া বৰবায়ন আৰু তেওঁ অংকীয়া নাট ভাওনাৰ প্ৰথম আৰু একমাত্ৰ ভ্ৰাম্যমাণ দল “প্ৰাগজ্যোতিষ কলা পৰিষদ” গঠন কৰিছিল। ১৯৬৩ চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰিকল্পনা অনুসৰি আধুনিক মঞ্চত প্ৰথমবাৰৰ বাবে “ৰুক্মিণী হৰণ নাট|ৰুক্মিণী হৰণ” নাট তেওঁৰ অধীনত পৰিৱেশন কৰা হৈছিল। ইয়াৰ লগতে যতীন গোস্বামীয়ে উজনি অসমৰ প্ৰথম নাট্যদল “ভাস্কৰ থিয়েটাৰ” গঠন আৰু ‘খাজুৰাহো নৃত্য উৎসৱ’ত অনুষ্ঠান পৰিৱেশন কৰিছিল। তেওঁৰ অহোপুৰুষাৰ্থৰ ফলতে ‘নৃত্যাঞ্জলি উৎসৱ' আৰম্ভ হৈছিল। প্ৰতি বছৰে অনুষ্ঠিত এই উৎসৱ আধুনিক মঞ্চত সত্ৰীয়া নৃত্যৰ সংৰচনা আৰু সম্পৰীক্ষাৰ বাটকটীয়া হিচাপে পৰিগণিত হৈছে। যতীন গোস্বামীয়ে অসমৰ লগতে গোটেই ভাৰততে সত্ৰীয়া নৃত্যৰ কৰ্মশালা পাতি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগভাগ লৈছিল। ১৯৯৪ চনত তেওঁ সংগীত নাটক একাডেমীৰ সাধাৰণ পৰিষদলৈ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ দেশে-বিদেশে বহু ঠাইত সত্ৰীয়া নৃত্য পৰিবেশন কৰিছে। ২০০০ চনত সংগীত নাটক একাডেমীৰ তত্ত্বাৱধানত গুৱাহাটীত স্থাপন হোৱা সত্ৰীয়া একাডেমীৰ তেওঁ প্ৰথম সঞ্চালক আছিল। সাহিত্য-কীৰ্তি নৃত্যাচাৰ্য যতীন গোস্বামীৰ বৰ্তমানলৈকে পাঁচখন গ্ৰন্থ প্ৰকাশিত হৈছে। সেইকেইখন হ'ল, মাটি আখৰা নৃত্য পৰিভাষিক শব্দ আৰু সংজ্ঞা ঝুমুৰা নাচ নাদু ভংগী নৃত্য শিক্ষা আৰু নৃত্যৰ প্ৰাথমিক হস্ত পৰিচয় বঁটা আৰু সন্মান অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক হিচাপে খ্যাতি লভা যতীন গোস্বামীদেৱে পৰবৰ্ত্তী সময়ত ‘নৃত্যাচাৰ্য্য’ সন্মানেৰে ভূষিত হৈ প্ৰসিদ্ধি লাভ কৰে। তেওঁ বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য হ'ল, শিল্পী দিৱস পুৰস্কাৰ (১৯৯৪) অসম নাট্য সমিতি ভ্ৰাম্যমাণ থিয়েটাৰ পুৰস্কাৰ (১৯৯৫-৯৬) অসম চৰকাৰৰ শ্ৰেষ্ট নৃত্য নিৰ্দেশক পুৰস্কাৰ (১৯৯৭) নৃত্যাচাৰ্য ৰ্সন্মান (১৯৯৯) ভাৰতীয়ম সন্মান, সাংস্কৃতিক মন্ত্ৰণালয়, ভাৰত চৰকাৰ (২০০২) চন্দ্ৰকান্ত-হিৰাপ্ৰভা পুৰস্কাৰ (২০০২) সংগীতজ্যোতি পুৰস্কাৰ (২০০৪) সংগীত নাটক একাডেমী বঁটা (২০০৪) অসম নাট্য সন্মিলন পুৰস্কাৰ (২০০৪) নৃত্য শিৰোমণি, অসম সত্ৰ মহাসভা (২০০৭) ওৱাইজমেন আন্তৰ্জাতিক বঁটা (২০০৮) পদ্মশ্ৰী (২০০৮) নৃত্য কলা-ৰত্ন পুৰস্কাৰ (২০০৯) লিঅ'-এক্সপ' বঁটা (২০০৯) শঙ্কৰাচাৰ্য্য অৱতাৰ পুৰস্কাৰ (২০১০) আনন্দ মোহন ভাগৱতী নৰ্টন পুৰস্কাৰ (২০১২) ভবেন শইকীয়া ভ্ৰাম্যমাণ থিয়েটাৰ পুৰস্কাৰ (২০১৩) ওদিছি গুৰু দেৱপ্ৰসাদ দাস পুৰস্কাৰ (২০১৪) মঘাই ওজা সৃজন বঁটা (২০১৫) সংগীত নাটক একাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমী ফেল'শ্বিপ বা সদস্য ৰত্ন (২০১৮) তথ্য উৎস অসমৰ ব্যক্তি অসমীয়া নৃত্যশিল্পী পদ্মশ্ৰী বঁটা বিজয়ী সংগীত নাটক একাডেমী বঁটা
6779
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0%20%E0%A6%B2%E0%A7%8B%E0%A6%95%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A7%8D%E0%A6%AF
অসমৰ লোকবাদ্য
অসমীয়া সংস্কৃতিৰ বিভিন্ন উৎসৱ-পাৰ্বন, নৃত্য-গীত আদিৰ সৈতে পৰম্পৰাগতভাৱে সংগত কৰা বাদ্যযন্ত্ৰসমূহক অসমৰ লোকবাদ্য আখ্যা দিয়া হয়। সাঁচিপাতৰ পুথিবোৰত বাদ্যযন্ত্ৰৰ উল্লেখ আছে। পুৰণি বুৰঞ্জীত পঞ্চশব্দৰ বিৱৰণ আছে। শংখ, মৃদংগ, পাখোজাজ, দুন্দুভি আৰু ঢোল এই পাঁচোটাক একেলগে পঞ্চশব্দ বোলে। মহাপুৰুষ মাধৱদেৱৰ বৰগীতত বাদ্যযন্ত্ৰৰ বিষয়ে পোৱা যায়। এই বাদ্যযন্ত্ৰবোৰ পোন প্ৰথম কোনে,কেতিয়া আৱিষ্কাৰ কৰিছিল তাৰ উল্লেখ নাই যদিও বাদ্যযন্ত্ৰবোৰ চহাসকলৰ সৃষ্টি বুলি গণ্য কৰা হয়। ঢোল ঢোল অসমৰ জনংস্কৃতিত সকলোতকৈ গুৰত্বপুৰ্ণ বাদ্য যন্ত্ৰ বুলি কোৱা হয়। অসমৰ সকলো জনগোষ্ঠীৰে যিকোনো উৎসৱত ঢোল অপৰিহাৰ্য্য। সেইবাবে অসমৰ বিভিন্ন ঠাইত ভিন ভিন প্ৰকাৰৰ ঢোল লগতে বৈশিষ্ট্যগত বাদন প্ৰণালী আছে। ঢোলক অসমীয়ালোকে দেৱবাদ্য বুলি গণ্য কৰে। ঢোলৰ উৎপত্তি কৈলাসত আৰু তাৰ পৰাই পাণ্ডৱ অৰ্জুনে ইয়াক মৰ্ত্যলৈ নমাই অনা বুলি লোককথাত পোৱা যায়। পৃথিবীৰ প্ৰায়বিলাক লোক সংস্কৃতিতেই ঢোল জাতীয় বাদ্য ব্যৱহৃত হোৱা দেখা যায়। কিন্তু অসমীয়া ঢোলৰ সৰু আকাৰ আৰু তুলনামুলক ভাবে যথেষ্ট ডাঙৰ শব্দৰ লগতে ইয়াৰ ভিন ভিন ব্যৱহাৰে ইয়াক আন সকলোবিলাক ঢোলৰ তুলনাত পৃথক বৈশিষ্ট্য প্ৰদান কৰিছে। এসময়ত ঢোলৰ ছেৱেৰে মতলীয়া কৰিব পৰা ডেকাকহে অসমীয়া গাভৰুৱে জীৱন সংগিনী কৰিবলৈ বাছনি কৰিছিল। অৰ্থাৎ ঢোল বজাব পৰাটো এসময়ত অসমীয়া ডেকাৰ পৌৰুষৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল। ঢোলক মানুহৰ প্ৰজনন শক্তিৰ পৰিছায়ক বুলিও ভবা হয়। অসমীয়া সমাজত বৰঢোল, পাতি ঢোল, ঢেপাঢোল আদি কেইবাপ্ৰকাৰৰো ঢোলৰ প্ৰচলন আছে। পেঁপা অসমীয়া লোক সংস্কৃতিৰ পৰিচায়ক স্বৰূপ ‘বিহু’ৰ বাদ্যসমূহৰ ভিতৰত এক মোহনীয় লোক বাদ্য হ’ল ম’হৰ শিঙৰ পেঁপা। প্ৰাচীন সংগীত বিষয়ক গ্ৰন্থত শিঙাৰ বিষয়ে উল্লেখ আছে। আহোম স্বৰ্গদেউ সকলৰ শাসনকালত ৰাজ্যৰ শুভমুহূৰ্তত ‘ৰংশিঙা’ আৰু অশুভ সময়ত ‘খং শিঙা’ বজাই প্ৰজাক জাননী দিয়াৰ কথা জনা যায়। মহৰ শিঙৰ পৰা তৈয়াৰী অসমৰ এই পেঁপাটোৰ নামতো মুলতে চীন- তিব্বতীয় শব্দ। তিব্বতত ব্যৱহাৰ হোৱা পেঁপা জাতীয় বাদ্যতো অসমৰ পেঁপাতকৈ দীঘল আৰু পিতলেৰে তৈয়াৰী। বিহুত ব্যৱহৃত পেঁপাৰ প্ৰচলন তথা গঠন সম্পৰ্কে লিখিত বুৰঞ্জী বিচাৰি পোৱা নাযায়। জন-বিশ্বাসৰ মতে লুইতৰ পাৰত পৰি থকা মৃত মহৰ শিং এটা মলয়া বতাহত আপোনা আপুনি বাজি উঠাত,ক্ৰমান্বয়ে পৈনত হাতৰ পৰশত এটি বাদ্যৰূপে আত্মপ্ৰকাশ কৰে। পৰম্পৰাগতভাৱে ম'হ পালকে বজোৱা এই পেঁপা কালক্ৰমত কৃষিকাৰ্যত জড়িত চহা শিল্পীৰ হাতলৈ আহে আৰু এক পুৰ্ণাংগ লোকবাদ্যত পৰিণত হয়। ইয়াৰ বিভিন্ন অংশ সমূহৰ নাম হ'ল খোলা, চুপহি, গৰপনলা, বুলনি জিভা আদি। অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত পেঁপা বিভিন্ন নামেৰে পৰিচিত, মিচিংসকলে ইয়াক ‘পেম্পা’, ডিমাছাসকলে ‘সুৰি’,ৰাভাসকলে আৰু ‘ছিংগ্ৰা’ আৰু চাহ-জনজাতিসকলে ‘পেঁপাটি’ বুলি কয়। টকা অসমৰ লোকবাদ্যসমূহৰ ভিতৰত অতি পৰিচিত আৰু সহজে পোৱা বাদ্য হ'ল টকা। এই বাদ্যৰ ব্যৱহাৰো অতি সহজ। টকা বাঁহেৰে নিৰ্মিত হোৱাৰ বাবে অসমৰ চহা জীৱনত এই বাদ্যটি অতি সুলভ। বিহুনামৰ প্ৰাথমিক তাল আছিল হাতচাপৰি, আৰু কালক্ৰমত হাতচাপৰিৰ ছন্দকে ব্যৱহাৰ কৰি টকাৰ উৎপত্তি হ’ল। টকা বিহুৰ এক অপৰিহাৰ্য্য অংগ। গগনা গগনা বিহুগীত আৰু বিহুনৃত্যৰ সৈতে ব্যৱহাৰ হোৱা এক হাৰ্প জাতীয় বাদ্যযন্ত্ৰ। এই হাৰ্পজাতীয় বাদ্য বিলাক অতি প্ৰাচীন বুলি জনা যায়, আৰু পৃথিবীৰ প্ৰায়বোৰ সভ্যতাতে এনে বাদ্যৰ প্ৰচলন দেখা পোৱা যায়। মুখত লৈ বজোৱাৰ বাবে ইয়াক একধৰণৰ বোলাহে বেছি সমীচীন হ’ব। গগনা অসমৰ মংগোলীয় জনগোষ্ঠীবিলাকৰ অৱদান। অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষাত গগনাক ভিন ভিন নামেৰে জনা যায়। গগনাৰ আকাৰ লৈ ইয়াক, ৰামধন গগনা, লাহৰী গগনা, শালিকী গগনা আদি বিভিন্ন নামেৰে জনা যায়, আৰু প্ৰত্যেক গগনাৰে মাত বেলেগ বেলেগ হয়। যিহেতু গগনা এবিধ সুষিৰ বাদ্য, ইয়াৰ মাতো স্থিৰ স্বৰমানৰ গগনাৰ মাত অতি সুৰীয়া সেয়েহে ই বিহু নাচনীৰ বৰ আদৰৰ বাদ্য। ওজা ঢুলীয়াৰ ঢোলৰ মালিতাত গগনাৰ উৎপত্তিৰ কাহিনী বৰ্ণন কৰাৰ লগতে, সৰস্বতী দেৱীয়ে গগনা বাদন কৰে বুলি গোৱা হয়৷ সুতুলি সুতুলি মাটিৰে নিৰ্মিত এটি সুষিৰ বাদ্য। বিশ্বাস কৰা যায় যে, প্ৰথমতে মানুহে নাৰিকলৰ দৰে ফলৰ কঠিন খোলাৰে সংগীত সৃষ্টি কৰিবৰ চেষ্টা কৰাৰ ফলস্বৰূপেই এনেবিলাক বাদ্যযন্ত্ৰৰ উৎপত্তি হয়। এই ধৰণৰ বাদ্যবিলাকত জীৱ জন্তু বা পখীৰ মাতৰ অনুকৰণত বাঁহিৰ দৰে সুৰ বজোৱা হয়। প্ৰথম অৱস্থাত এই বাদ্য যন্ত্ৰ প্ৰকৃততে খেলনাৰ দৰেহে ব্যৱহাৰ হৈছিল- আৰু পৰৱৰ্তী কালত বাদ্য হিচাপে বজোৱা আৰম্ভ কৰে। প্ৰাচীন চীনতো সুতুলিৰ দৰে এবিধ বাদ্য আছিল বুলি জনা যায়- যাক চীনা ভাষাত সুন বুলি কোৱা হৈছিল। সুতুলিৰ সৃষ্টি প্ৰাকঐতিহাসিক কালতে হৈছিল বুলি ভবাৰ থল আছে, বিভিন্ন প্ৰত্নতাত্বিক খননকাৰ্যত সুতুলীৰ দৰে বাদ্যৰ ভগ্নাৱশেষ পোৱা যায়। সুতুলিৰ আকাৰ আৰু সুৰলৈ চাই, চৰাইৰ মাতৰ অনুকৰণত সুতুলী নিৰ্ঙান কৰা হৈছিল বুলি ভাবিব পাৰি। সুতুলীৰ মাতত বৰষুণ আহে বুলিও অসমীয়া জনসমাজত এক লোকবিশ্বাস প্ৰচলিত আছে। বাঁহী বাঁহীক সম্পূৰ্ণভাবে অসমীয়া থলুৱা বাদ্যযন্ত্ৰ বুলি আভিহিত কৰিব নোৱাৰিলেও, অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত বাঁহী এক অপৰিহাৰ্য্য বাদ্যযন্ত্ৰ, বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ বাদ্য হিচাপে অসমৰ পৰম্পৰাগত বৈষ্ণৱ সমাজত বাঁহীৰ ব্যৱহাৰ শ্ৰদ্ধেয় আৰু পৱিত্ৰ। বৈষ্ণব সাহিত্যত সঘনাই বাঁহীৰ উল্লেখ পোৱা যায়। বাঁহীক অসমত মুৰুলী, বংশী, বেণু, বাঁশী, আদি বহু নামেৰে জনা যায়। অসমৰ প্ৰায় সকলো জনগোষ্ঠীয়েই লোকসংগীতত বাঁহী ব্যৱহাৰ কৰে। অসমৰ বিহুৰো বাঁহী এক উল্লেখযোগ্য বাদ্য। বাঁহীৰ উৎপত্তি চীন দেশত বুলি থাৱৰ কৰা হয় যদিও ভাৰতৰ লোকসংগীতত বাঁহীৰ ব্যৱহাৰ অতি প্ৰাচীন। বীণ অসমৰ লোক বাদ্য সমূহৰ ভিতৰত অন্যতম পৌৰাণিক বাদ্য বীণ। বিহুত ব্যৱহাৰ হোৱা ৮ বিধ মুল বাদ্যৰ ভিতৰত বীনো এবিধ। বিহুৰ উপৰিও বৈৰাগী সকলে এই বাদ্য বজাই বিভিন্ন বিৰাগ ৰসৰ গীত গোৱা দেখা যায়। মাথোঁ এডাল তাঁৰৰ বীণ, ভায়োলিনৰ দৰে ৰেপি ৰেপি বজোৱা এবিধ বাদ্যযন্ত্ৰ। নামৰ মিল থাকিলেও ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিভিন্ন বীণ বা বীণা সমূহৰ লগত এই অসমীয়া বীণ একেবাৰে পৃথক। ভোৰতাল অসমৰ লোকবাদ্যসমূহৰ মাজত কাঁহ ধাতুৰে তৈয়াৰী ঘন-বাদ্যবোৰৰ ভিতৰত ভোৰতাল অন্যতম। এই বাদ্য দুখন সমান বৃত্তাকাৰ কাঁহেৰে সজা হয় য’ত মাজ অংশ অৱতল কৰি ক্ষূদ্ৰ আকাৰৰ এডাল ৰছী লগোৱাৰ সুবিধা থাকে। ভোৰতালৰ ওজন সাধাৰণতে ২.৫ কিলোগ্ৰামৰ পৰা ৬.৫ কিলোগ্ৰাম পৰ্যন্ত হয় আৰু বহলে প্ৰায় ৪৫ ছেমিৰ পৰা ৬০ ছেমিলৈ থাকে। বিভিন্ন প্ৰকাৰৰ তাল যেনে খঞ্জৰী বা খঞ্জৰীকা, খুটি তাল, পাতি তাল, মন্দিৰা তাল, ৰামতাল আদিৰ মাজত ভোৰতালৰ আকাৰেই সকলোতকৈ ডাঙৰ আকৃতিৰ হয়। এই তালক সেয়ে বৰতাল বা ব্ৰহ্মতাল বুলিও জনা যায়। ভূট তাল ভোৰতালৰ আন এক নাম। ভূটান, তিব্বত আদিত বৌদ্ধসংগীতত ভোৰতালৰ লেখীয়া বাদ্যযন্ত্ৰৰ ব্যৱহাৰ দেখি অনুমান কৰা হয় যে এই বাদ্য ভূটানৰ পৰা আমদানি কৰা হৈছিল। খ্ৰাম খ্ৰাম তিনি ফুটমান দীঘল কাঠৰ কুণ্ডা খুলি দি এমূৰে হৰিণৰ ছালেৰে চাই প্ৰস্তুত কৰা ঢোলজাতীয় বাদ্য। ডিমাচাসকলৰ নৃত্য-গীতৰ অপৰিহাৰ্য্য বাদ্য খ্ৰামত ব্যৱহৃত বৰটিবোৰ ম'হৰ ছালেৰে তৈয়াৰী। ইয়াক এমুৰে হাতেৰে চপৰিয়াই আৰু আনমূৰে এডাল মাৰিৰে কোবাই বজোৱা হয়। মাদল মূৰজ বা মৰ্দল নামেৰেও পৰিচিত আৰু প্ৰধানত: কাঠেৰে নিৰ্মিত ৫০ চেণ্টমিটাৰৰ পৰা ৭০ চেণ্টিমিটাৰমান দীঘল মাদলৰ দুয়োটা মূৰৰ ব্যাস সমান নহয়; সোঁফালৰ মূৰটোৰ ব্যাস ৩০ চেণ্টিমিটাৰৰ পৰা ৪০ চেণ্টিমিটাৰ আৰু বাওঁফালৰ মূৰটোৰ ব্যাস ২০ চেণ্টিমিটাৰৰ পৰা ৩০চেণ্টিমিটাৰমান হ'ব। দুয়োফালৰ মুখ দুখনত ছামৰাৰ তালি বা ছাউনি দি বৰটিৰ সহায়ত টানকৈ বন্ধা হয়। মাদল সাধাৰণতে বান্দৰৰ ছালেৰে চোওৱা হয় বুলি উল্লেখ পোৱা যায়। এসময়ত পোৰা মাটিৰে তৈয়াৰী মাদলৰো প্ৰচলন আছিল যদিও বৰ্তমান বিভিন্ন কাৰণৰ নিমিত্তে কাঠেৰে নিৰ্মিত মাদলৰ ব্যৱহাৰেই অধিক হোৱা দেখা যায়। মাদলৰ দুই মুখৰ ছানৰা দুখনত খোল, মৃদংগ আৰু আউনীআটী সত্ৰত প্ৰচলিত ঢোলকৰ নিচিনাকৈ চিঞাহী বা ঘুণ বা ঘুৰ্ণৰ(লোৰ গুড়িৰ সৈতে চিৰা বা ভাতৰ আঠাৰ মিশ্ৰণ) এক বৃত্তাকাৰ লেপন দিয়া হয়। মাদলতো কাটনি ছাল, মাজৰ তালি, মলুৱা আদি থাকে। খোলত ৰূপহী থকাৰ দৰে মাদলৰ খোলটোতো বৰটি মেৰিয়াই থোৱা থাকে। অৱশ্যে, মাদলত দিয়া ঘুণৰ ব্যাস খোল, মৃদংগ আদিৰ ঘুণৰ ব্যাসতকৈ ডাঙৰ। বিহুতাল বিহুতাল পাতিতালতকৈ কিছু সৰু কাৰণেই ইয়াক সৰু পাতিতাল বুলিও কোৱা হয়। এই তালৰ বাতি বা বেটু চেপেটা ধৰণৰ পাতিতালৰ বাটিতকৈ অলপ ডাঙৰ, পিচে পাতৰ অংশটি পাতিতালৰ পাততকৈ ঠেক। এইবিধ তাল বিহুগীত, বিহুনাচ, বিহুঢোল আদি পৰিৱেশন কৰোঁতে সংগত কৰা হয়। তদুপৰি, ঢুলীয়া ওজাই ঢোল বাওঁতেও তালীয়াজনে বিহুতালকে বজায়। মূলত: বিহুগীত বা নাচ আৰু ওজাৰ সৈতে বিশেষভাবে ব্যৱহৃত হোৱাৰ কাৰণেই এই প্ৰকাৰৰ তালক বিহুতাল বা ওজাতাল বুলি কোৱা হয়। টোকাৰী অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত তাঁৰজাতীয় বাদ্যযন্ত্ৰ সমূহৰ ভিতৰত টোকাৰীৰ ব্যৱহাৰ আৰু জনপ্ৰিয়তাই অধিক বুলি শুনা যায়। এই বাদ্যটি আম, চাম বা তেনে জাতীয় কাঠৰ ৬০ চে:মি:ৰ পৰা ৯০ চে:মি: মান দীঘল টুকুৰা এটাৰ এপিনে খোলনি দি আৰু আনপিনে হাতৰ তলুৱাত ৰাখি বজাব পৰাকৈ মিহি আৰু ক্ৰমানয়ে লাহী কৰি নি তৈয়াৰ কৰা হয়। খোলনি দি অৰ্ধবৃত্তাকাৰ ৰূপ দিয়া মূৰৰ অংশটো সাধাৰণতে গুঁইৰ ছলেৰে চোওৱা হয় আৰু আনপিনৰ মূৰটোৰ আগলৈ কেইঞ্চিমান কাঠ ৰাখি খোলা কৰা হয়। সৌন্ধৈৰ্য্য বৃদ্ধিৰ কাৰণে খোলটোৰ পৰা আগবাঢ়ি থকা কাঠৰ অংশটিত পক্ষী আদিৰ সাঁচ কাটি দিয়া হয়। সাধাৰণতে আয়তাকৃতিৰ খোলটোৰ আকাৰ অলপ ডাঙৰ, বাঁহ বা কাঠেৰে সজা চাৰিডাল শলা বা শলখা ভৰাব পৰা ব্যৱস্থা থকা। ছালেৰে চোৱাই থোৱা অৰ্ধবৃত্তাকাৰ খোলাটোৰ শেষ অংশৰ মাজ ভাগৰ পৰা চাৰিডাল মুগা সূতাৰ গুণাজৰী খোলাটোৰ চাউনি আৰু কাঠডোখৰৰ ওপৰেৰে নি খোলটোত সুমুৱাই ৰখা শলা চাৰিডালত বান্ধি ৰখা হয়। আজিকালি মুগা সূতাৰ উপৰি আন সূতা বা ধাতু আদিৰে তৈয়াৰী তাঁৰো তন্ত্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। সি যি কি নহওক, এই সূতা বা তাঁৰ চাৰিডালক ইংগলা, পিংগলা,চিত্ৰা আৰু সুষুম্না নামেৰে জনা যায়। টোকাৰীৰ ছাউনিখন আৰু কাঠডোখৰত লিপিট খাই ধৰি নথকা কৰিবৰ বাবে এই তাঁৰকেইডালক এটা কাঠৰ দুঠেঙীয়া ঘোঁৰাৰে দাঙি ৰখা হয়। শলাকেইডাল পকাই সূতা বা তাঁৰকেইডাল টান-ঢিলা কৰি আৱশ্যকমতে টোকাৰীৰ সুৰ বন্ধা হয়। পহু, ছাগলী আদি জন্তুৰ শিং অথবা খুব মিহিকৈ চাঁচি কলডিল এটাৰ গঢ়ৰ কৰি লোৱা বাঁহ বা কাঠৰ টুকুৰা এটাৰ সহায়ত এখন হাতেৰে তাঁৰকেইডালত টোকৰ দি আৰু একে সময়তে আনটো হাতৰ আঙুলিৰে কাঠচটাৰ ওপৰেৰে বৈ যোৱা সূতা কেইডালত বুলনি দি ধ্বনিৰ সৃষ্টি কৰা হয়। শিঙা অসমৰ সুষিৰ শ্ৰেণীৰ বাদ্যযন্ত্ৰসমূহৰ ভিতৰত শিঙাৰ ব্যৱহাৰ প্ৰাচীন বুলি ক'ব পাৰি। ১৪০০ শতাব্দীত ৰচিত অপ্ৰমাদী কবি মাধব কন্দলিৰ 'ৰামায়ণ' আৰু আন আন প্ৰাচীন পদপুথিত শিঙা বাদ্যৰ উল্লেখ থকা কথাটোৱেই বাদ্যটিৰ প্ৰাচীনত্বৰ বিষয়ে ইংগিত প্ৰদান কৰে। শিঙা ব্যৱহাৰৰ ক্ষেত্ৰখনৰ পৰিধি বহল আৰু উদ্দেশ্যও বিভিন্ন আৰু সেই হিচাপেই ইয়াৰ নামকৰণতো ভিন্নতা থকা দেখা যায়। সাধাৰণতে শিঙাক ৰাম শিঙা, ৰণ শিঙা, খংশিঙা আদি ভাগত বিভক্ত কৰা হয়। খোল খোল বাদ্যযন্ত্ৰক মৃদঙ্গৰে এক আধুনিক ৰূপ বুলি কব পাৰি। আজি প্ৰায় পাঁচশ বছৰৰ পৰা ভাৰতৰ বিভিন্ন ঠাইত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ লগে লগে নাম কীৰ্তনৰ বাবে খোল বাদ্যৰ প্ৰচলন হ'ল। বিশেষকৈ, পূৱভাৰতৰ অসম, বঙ্গ, মণিপুৰ (মণিপুৰত খোলৰ নাম দুঙ্গ) আৰু উৰিষ্যাত এই বাদ্যৰ প্ৰচলন অতি বেচি। বঙ্গত এই বাদ্যক ধৰ্মীয় বাদ্য ৰূপে সন্মান কৰি ইয়াক শ্ৰীখোল বোলে। অসমত মৃদঙ্গ বাদ্য বহু কালৰ আগৰ পৰাই প্ৰচলন আছিল যদিও মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আবিৰ্ভাব হোৱাত ধৰ্ম প্ৰচাৰ কৰাৰ লগতে অসমত নিজে খোল বাদ্য তৈয়াৰ কৰি ইয়াৰ তাল,বোল আদি ৰচনা কৰি প্ৰচলন কৰে। বৰগীত আৰু সত্ৰীয়া নৃত্যৰ বাবে খোল হৈছে এক অপৰিহাৰ্য্য তাল বাদ্য। অসমৰ খোল বাদন বিশ্বত চিনাকি দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ কৰোঁতা স্বৰ্গীয় মণিৰাম দত্ত বায়ন মুক্তিয়াৰ আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শ্ৰীৰসেশ্বৰ শইকীয়া বায়নৰ নাম বিশেষভাৱে উল্লেখযোগ্য। ডবা ডবা অসমৰ লোকবাদ্য সমূহৰ ভিতৰত অন্যতম এবিধ লোকবাদ্য। সাধাৰণতে অসমীয়া জনজীৱনৰ লগত পৰিচিত "নামঘৰ"ত সাধাৰণতে ডবাৰ ব্যৱহাৰ কৰা হ'য়। ডবাৰ এটা খোলা থাকে। সেই খোলাটো আগৰ দিনত বৃহৎ আকাৰৰ গছৰ পৰা নিৰ্মাণ কৰা হৈছিল যদিও আজিকালি পিতল বা তেনেজাতীয় ধাতুৰ পৰাও তৈয়াৰ কৰা হয়। খোলাটোৰ এটা মুৰ খোলাকৈ ৰখা হ'য়। সেই অংশত গৰু ছাল লগাই টান ৰছীৰে বান্ধি বজাবৰ বাৱে উপযুক্ত কৰি তোলা হয়। অসমীয়া জনসমাজত পুৱা-গধূলি নামঘৰত চাকি জ্বলাওতে নামঘৰীয়াই ডবা বজোৱাৰ লগতে নামঘৰত বিশেষ আলোচনা,মেল-মিটিঙ থাকিলে ৰাইজক জাননী দিবলৈ ডবাৰ ব্যৱহাৰ কৰে। এই বাদ্যভাগি বজাওঁতে প্ৰায় ১০ ইঞ্চি দীঘল ১ইঞ্চি মোটা দুদাল মাৰি ব্যৱহাৰ কৰা হয়। এটা কাঠৰ ফ্ৰেমত বজোৱাৰ সুবিধাৰ বাবে হেলনীয়াকৈ ৰখা হয়। মৃদঙ্গৰ উৎপত্তি আৰু ক্ৰমবিকাশ মৃদঙ্গ সত্ৰীয়া নৃত্যত ব্যৱহাৰ হয়। মৃদঙ্গক দুভাগ কৰি দুগি আৰু দাইনা কৰা হৈছে। দোতোৰাঅসমীয়া লোক বাদ্য সমূহৰ ভিতৰত এবিধ প্ৰাচীন লোকবাদ্য হ'ল দোতোৰা। দোতোৰা এবিধ তঁত লোকবাদ্য।দোতোৰা এটুকুৰা দীঘল কাঠৰ এমুৰে অৰ্ধ গোলাকাৰ কৰি তাৰ ওপৰত গুই বা আন তেনে কিছু মোটা ছাল লগোৱা হয়।তাৰ ওপৰত তিনিডালমান তাঁৰ সংযোগ কৰি স্কেল মিলাই শব্দৰ সৃষ্টি কৰা হয়।চন্দন কাঠৰ দোতোৰা ভাল হয় বুলি এটা বিশ্বাস আছে।বিভিন্ন লোকগীত যেনে-কামৰূপী,গোৱালপৰীয়া লোকগীত পৰিবেশ কৰাৰ সময়ত দোতোৰা বজোৱা হয়।দোতোৰা বজোৱাৰ সময়ত দুয়োখন হাত ব্যৱহাৰ কৰা হয়। দগৰ নাগাৰা নাগাৰা এবিধ বাদ্য। নাম-প্ৰসঙ্গ, থিয় নাম, দিহানাম আদি নাম গাৱলৈ নামৰ চেঁৱে চেঁৱে এই নেগেৰা বজোৱা হয়। নেগেৰাৰ ডিমাটো কাঠৰে তৈয়াৰী, মুখৰ ফালে জন্তুৰ ছাল ব্যৱহাৰ কৰা হয়। একেলগে দুটা নেগেৰা বা তাতোধিক নেগেৰা বজোৱা দেখা যায়। বাঁহৰ দুডাল মাৰিয়েই নেগেৰা বজাবলৈ ব্যৱহাৰ কৰা হয়। নাগাৰাৰ ডাঙৰতোৰ নাম- নাগাৰা আৰু সৰুতোৰ নাম কুলকুলি। ডাঙৰ নাগাৰাটোৰ বজোৱা অংশটোক কোবা বা কোবনি বুলি কোৱা হয় আৰু সৰু নাগাৰাটোৰ বজোৱা অংশটোক তালি বুলি কোৱা হয়। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ অম্বেষা ডট কো ডট ইন ৱেবছাইটত অসমৰ থলুৱা বাদ্যযন্ত্ৰসমূহৰ বিষয়ে অধিক তথ্য আছে। ৱেবছাইটত অসমৰ বাদ্যযন্ত্ৰসমূহৰ তথ্য। ৱেবছাইটত অসমৰ বাদ্যযন্ত্ৰসমূহৰ তথ্য। ত সন্নিবিষ্ট বাদ্যযন্ত্ৰসমূহৰ তথ্য। অসমৰ সংস্কৃতি অসমৰ সংগীত অসমৰ
96431
https://as.wikipedia.org/wiki/%E0%A6%93%E0%A6%A1%E0%A6%BC%E0%A6%BF%E0%A6%B6%E0%A6%BE%20%E0%A7%B0%E0%A7%87%27%E0%A6%B2%20%E0%A6%A6%E0%A7%81%E0%A7%B0%E0%A7%8D%E0%A6%98%E0%A6%9F%E0%A6%A8%E0%A6%BE%20%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A9
ওড়িশা ৰে'ল দুৰ্ঘটনা ২০২৩
ওড়িশা ৰে'ল দুৰ্ঘটনা ২০২৩ হৈছে ২০২৩ চনৰ ২ জুন তাৰিখে পূব ভাৰতৰ ওড়িশা ৰাজ্যৰ বালেশ্বৰ চহৰৰ সমীপত সংঘটিত তিনিখন ৰে’লৰ এক সংঘৰ্ষ। বাহানগা বজাৰ ৰে’লৱে ষ্টেচনৰ সমীপত এখন মালবাহী ৰে’লৰ প্ৰাৰম্ভিক দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে দুখন যাত্ৰীবাহী ৰে’ল ১২৮৪১ ক’ৰ’মণ্ডল এক্সপ্ৰেছ আৰু ১২৮৬৪ এছএমভিটি বেংগালুৰু–হাওৰা এছএফ এক্সপ্ৰেছৰ সংঘৰ্ষ হয়। বাহানাগা বজাৰ ৰে’লৱে ষ্টেচনৰ সমীপৰ মূল লাইনৰ পৰিৱৰ্তে পাছিং লুপত পূৰ্ণ গতিৰে প্ৰৱেশ কৰি ক’ৰ’মণ্ডল এক্সপ্ৰেছ গাড়ীখনে এখন মালবাহী ট্ৰেইনৰ সৈতে খুন্দা মাৰে। এই দুৰ্ঘটনাত ২৯২ জন লোক নিহত হোৱাৰ লগতে ১১৭৫তকৈ অধিক লোক আহত হয়। এই দুৰ্ঘটনা একবিংশ শতিকাৰ চতুৰ্থ মাৰাত্মক ৰে'ল দুৰ্ঘটনা আৰু ১৯৯৫ চনত ফিৰোজাবাদ ৰে'ল দুৰ্ঘটনাৰ পিছত ভাৰতৰ আটাইতকৈ ভয়াৱহ ৰে'ল দুৰ্ঘটনা। সংঘৰ্ষ ২০২৩ চনৰ ২ জুন তাৰিখে পশ্চিম বংগৰ হাওৰাৰ শলিমাৰৰ পৰা বাহানাগা বজাৰ ৰেলৱে ষ্টেচনৰ আপ মেইন লাইনত তামিলনাডুৰ চেন্নাইৰ এম জি আৰ চেন্নাই চেণ্ট্ৰেললৈ ১২৮৪১ নং ক'ৰ'মণ্ডল এক্সপ্ৰেছ ৰে'লগাড়ীখন গৈ আছিল। প্ৰায় একে সময়তে কৰ্ণাটকৰ বাংগালুৰুৰ এছ এম ভি টি বেংগালুৰুৰ পৰা কাষৰীয়া ডাউন মেইন লাইনত হাওৰালৈ বিপৰীত দিশত ১২৮৬৪ বেংগালুৰু–হাউৰা এক্সপ্ৰেছ ৰে'লগাড়ীখন গৈ আছিল। ৰেলৱে ষ্টেচনত ৰখাবলৈ নিৰ্ধাৰিত নোহোৱা আৰু মূল লাইনৰ কাষেৰে আগবাঢ়ি যোৱাটো নিৰাপদ বুলি সেউজ সংকেত পোৱাৰ পিছত দুয়োখন ৰে’লেই ঘণ্টাত ১২৮ কিলোমিটাৰৰ (ঘণ্টাত ৮০ মাইল) সৰ্বোচ্চ অনুমোদিত গতিবেগত গৈ আছিল আছিল। ভাৰতীয় সময়মতে সন্ধ্যা প্ৰায় ৭ বজাত ক’ৰ’মণ্ডল এক্সপ্ৰেছখনে আপ মেইন লাইনত পোনে পোনে আগবাঢ়িব লাগিছিল যদিও ইয়াৰ গতিপথ ভুলকৈ পূৰ্ণ গতিৰে সমান্তৰাল আপ লুপ লাইনলৈ সলনি কৰা হৈছিল। এই লাইনত ই ইতিমধ্যে লোৰ আকৰিকৰে ভৰ্তি ষ্টেচনত ৰৈ থকা অৱস্থাত মালবাহী ৰে’লৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। তীব্ৰগতিৰ প্ৰভাৱৰ বাবে ৰেলখনৰ ২১টা ডবা মূল লাইনৰ পৰা ৰেলপথৰ পথচ্যুত হয়। অৱশ্যে মালবাহী ৰে'লখন নিজৰ স্থানতে লাইনচ্যুত নোহোৱাকৈ থাকে। ক'ৰ'মণ্ডল এক্সপ্ৰেছৰ পৰা লাইনচ্যুত হোৱা তিনিখন ডবায়ে একে সময়তে ষ্টেচনটো পাৰ হোৱা বেংগালুৰু–হাউৰা এক্সপ্ৰেছৰ নিৰ্ধাৰিত লাইনত বাগৰি পৰে। ইয়াৰ ফলত দ্বিতীয়টো সংঘৰ্ষৰ সূত্ৰপাত হয় আৰু বেংগালুৰু–হাওৰা এক্সপ্ৰেছৰ দুটা অসংৰক্ষিত ডবা আৰু ব্ৰেক ভেন লাইনচ্যুত হয়। তাৰপিছত ইঞ্জিন আৰু ২০টা ডবা থকা ৰে’লখনৰ বাকী অংশই যাত্ৰীসকলক লৈ বালেশ্বৰ অভিমুখে আগবাঢ়ি যায় আৰু তাত আৰু এটা ক্ষতিগ্ৰস্ত ডবা অসংলগ্ন কৰা হয়। ইয়াৰ পিছত বাকী ১৯টা ডবায়ে ৰেলখনৰ গন্তব্যস্থান হাওৰালৈ যাত্ৰা অব্যাহত ৰাখিলে। জানিব পৰা মতে, বেংগালুৰু–হাওৰা এক্সপ্ৰেছৰ সংৰক্ষিত ডবাত কোনো যাত্ৰীৰ মৃত্যু বা আহত হোৱা নাই। বিষয়াসকলে জনায় যে অসংৰক্ষিত ডবাসমূহৰ যাত্ৰীসকলৰ চিনাক্তকৰণ নিশ্চিত কৰিবলৈ সময় লাগিব। জৰুৰীকালীন সঁহাৰি দুৰ্ঘটনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে দুয়োখন যাত্ৰীবাহী ৰে'লৰ সংৰক্ষণৰ তালিকা ভাৰতীয় ৰে'লৰ ৱেবছাইটত প্ৰকাশ কৰে। ৰে'লৱে আৰু ওড়িশা, পশ্চিম বংগ আৰু তামিলনাডু চৰকাৰেও হেল্পলাইন নম্বৰ জাৰি কৰে। ওড়িশাৰ মুখ্য সচিব প্ৰদীপ জেনাৰ মতে উদ্ধাৰ অভিযানৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ)ৰ তিনিটা ইউনিট, ওড়িশা দুৰ্যোগ ৰেপিড একচন ফৰ্চৰ চাৰিটা ইউনিট, ১৫টাতকৈও অধিক অগ্নিনিৰ্বাপক বাহিনীৰ দল, ১০০জন চিকিৎসক, ২০০জন আৰক্ষী জোৱান আৰু ২০০খন এম্বুলেন্স সংগঠিত কৰা হয়। স্থানীয় বাছ কোম্পানীসমূহে আহত যাত্ৰীসকলক পৰিবহণ কৰাত সহায় কৰিছিল। স্থানীয় সাধাৰণ নাগৰিকে যাত্ৰীসকলক খোৱাপানীৰ যোগান ধৰিছিল আৰু সম্ভৱ হ'লে তেওঁলোকৰ বস্তু-বাহিনী উদ্ধাৰ কৰাত সহায় কৰিছিল। আহতসকলক উদ্ধাৰকাৰ্যত সহায় কৰিবলৈ পশ্চিম বংগ চৰকাৰে ৩০খন এম্বুলেন্স প্ৰেৰণ কৰে। ইয়াৰ উপৰিও ৪০জন চিকিৎসক আৰু কেইবাজনো নাৰ্চিং কৰ্মচাৰী প্ৰেৰণ কৰা হৈছিল। তামিলনাডু চৰকাৰে চেন্নাই অভিমুখী যাত্ৰীসকলক সহায় কৰাৰ লগতে পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ দুই ৰাজ্যিক মন্ত্ৰী আৰু তিনিজন আই এ এছ বিষয়াৰে গঠিত এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল ওড়িশালৈ প্ৰেৰণ কৰে। ইয়াৰ উপৰিও চেন্নাইৰ ৰাজীৱ গান্ধী চৰকাৰী সাধাৰণ চিকিৎসালয়ত ৭০খন বিছনাযুক্ত চিকিৎসাৰ ব্যৱস্থাও কৰিছিল। ২ জুন তাৰিখে নিশালৈকে আৱদ্ধ আৰু আহত যাত্ৰীসকলৰ সন্ধান আৰু উদ্ধাৰৰ কাম চলি থাকে আৰু ৩ জুন তাৰিখে বিয়লিৰ ভাগত ইয়াৰ সামৰণি পৰে। জীৱিত লোকসকলক উদ্ধাৰ কৰিবলৈ অনুসন্ধানকাৰী কুকুৰ ব্যৱহাৰ কৰা হৈছিল। দক্ষিণ-পূব ৰেলৱেই পিছদিনাও দুৰ্ঘটনাস্থলীত পুনৰুদ্ধাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখে। বালেশ্বৰ, ভদ্ৰক আৰু কটকৰ পৰা কেইবাজনো স্থানীয় লোকে চিকিৎসালয়লৈ আহি ৰক্তদান কৰিছিল। ভুক্তভোগী এই দুৰ্ঘটনাত মুঠ ২৯২জন লোক নিহত হয়। নিহত হোৱা প্ৰায় গোটেইগৰাকী ব্যক্তি ক'ৰ'মণ্ডল এক্সপ্ৰেছৰ প্ৰথম তিনিটা ডবাত আছিল। এই তিনিটা ডবা সাধাৰণ শ্ৰেণীৰ অসংৰক্ষিত ডবা আছিল। মৃত যাত্ৰীসকলৰ মৃতদেহ স্থানীয় হাইস্কুললৈ লৈ যোৱা হৈছিল। মুকলি ঠাই আৰু দুৰ্ঘটনাস্থলীৰ ওচৰত থকাৰ বাবে এই ঠাই নিৰ্বাচিত কৰা হৈছিল। অগ্নিদগ্ধ আৰু অন্যান্য আঘাতৰ বাবে মৃতদেহ চিনাক্তকৰণ অধিক কঠিন হৈ পৰিছিল আৰু ইয়াৰ ফলত বিষয়াসকলে যাত্ৰীসকলক চিনাক্ত কৰিবলৈ তেওঁলোকৰ সা-সামগ্ৰী, ফোন আৰু অন্যান্য সামগ্ৰী ব্যৱহাৰ কৰিছিল। ৰেল সেৱাত কেৱল সংৰক্ষিত আসন থকা যাত্ৰীসকলৰ নামৰ তালিকা আছিল। ৩ জুন তাৰিখে সন্ধিয়ালৈকে ওড়িশা চৰকাৰী বিষয়াসকলে জনোৱা মতে, দুৰ্ঘটনাৰ ফলত ১১৭৫জন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। তাৰে ৭৯৩জন লোকক সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হোৱাৰ চিকিৎসা প্ৰদান কৰি যাবলৈ দিয়া হৈছিল আৰু ৩৮২জন ব্যক্তি গুৰুতৰ আঘাতৰ বাবে চিকিৎসাধীন হৈ আছিল। স্থানীয় চিকিৎসালয়সমূহ যথেষ্ট সংখ্যক আহত লোকৰ আগমনৰ বাবে ঠাইৰ অভাৱ হৈছিল যদিও ৰোগীসকলক পৰ্যাপ্ত যত্ন আৰু চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল। তদন্ত খড়গপুৰ ৰেল বিভাগৰ বিষয়াসকলে কৰা প্ৰাৰম্ভিক তদন্তত মতে দুৰ্ঘটনাস্থলীত নিম্নোক্ত ঘটনাৱলী সংঘটিত হৈছে: ঘণ্টাত ১২৮ কিলোমিটাৰ বেগত দক্ষিণমুখী লাইনেৰে চেন্নাই অভিমুখে গৈ থকা ক’ৰ’মণ্ডল এক্সপ্ৰেছখনক প্ৰথমে মূল লাইনেৰে আগবাঢ়ি যোৱাৰ সংকেত দিয়া হৈছিল। কিন্তু অজ্ঞাত কাৰণত তাৰ পিছত মূল লাইনৰ বাবে সংকেতটো বন্ধ কৰি ট্ৰেকটো মূল লাইনৰ কাষৰ লুপ লাইনলৈ সলনি কৰা হয়। ইয়াৰ পিছতে ক’ৰ’মণ্ডল এক্সপ্ৰেছখনে লুপ লাইনত ৰৈ থকা এখন মালবাহী ৰে’লৰ পিছফালে খুন্দা মাৰে। ইয়াৰ ফলত ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ ইঞ্জিনটো মাল ট্ৰেইনৰ ৱেগনৰ ওপৰেৰে বগাই যোৱাৰ ফলত ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ ২২টা ডবা ৰেলপথৰ পৰা আঁতৰি যায়। একেসময়তে ঘণ্টাত ১২৬ কিলোমিটাৰ বেগেৰে উত্তৰ দিশৰ লাইনত হাওৰা অভিমুখে গৈ থকা বেংগালুৰু–হাওৰা এক্সপ্ৰেছখনে বিপৰীত দিশত ক'ৰ’মণ্ডল এক্সপ্ৰেছৰ কাষেৰে পাৰ হৈ গৈ আছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ মুহূৰ্তত বেংগালুৰু–হাওৰা এক্সপ্ৰেছৰ বেছিভাগ ডবায়েই আনখন ৰে’ল পাৰ হৈ গৈছিল যদিও পিছফালৰ অংশখিনি থাকি গৈছিল। ক’ৰ’মেণ্ডেল এক্সপ্ৰেছ ৰেলপথৰ পথচ্যুত হোৱাৰ পিছত ইয়াৰ তিনিটা ডবায়ে বেংগালুৰু–হাওৰা এক্সপ্ৰেছৰ শেষৰ দুটা ডবাত খুন্দা মাৰিলে; ফলস্বৰূপে সেই পাঁচটা ডবা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়। ৰে’ল কৰ্তৃপক্ষই জনায় যে সংঘৰ্ষ সংঘটিত হোৱা ৰে'ললাইনত সংঘৰ্ষ বিৰোধী ব্যৱস্থা স্থাপন কৰা হোৱা নাছিল। অৱশ্যে এই সংঘৰ্ষৰ পূৰ্বে ছমাহত দুবাৰকৈ ৰে'ল কৰ্তৃপক্ষক সংঘৰ্ষ বিৰোধী সংকেত ব্যৱস্থা আৰু অন্যান্য অভাৱৰ বিষয়ে সকীয়াই দিয়া হৈছিল। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত দক্ষিণ পশ্চিম ৰে’লৱে সংমণ্ডলৰ প্ৰধান মুখ্য পৰিচালনা প্ৰবন্ধকে বল্লাৰী জংচন হৈ কৰ্ণাটক সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছৰ সংঘৰ্ষৰ পৰা সংকীৰ্ণভাৱে ৰক্ষা পোৱাৰ পিছত কৰ্তৃপক্ষলৈ পত্ৰ লিখিছিল। তেওঁ দক্ষিণ পশ্চিম ৰে’লৱেক সকীয়াই দিছিল যে সংকেত ব্যৱস্থাৰ অক্ষমতা সময়মতে ঠিক নকৰিলে লাইনচ্যুত হোৱাৰ ঘটনা সংঘটিত হ'ব। ২০২২ চনৰ ডিচেম্বৰ মাহত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষকে ৰেলপথৰ পথচ্যুত হোৱাৰ প্ৰতিবেদনত সকীয়াই দিয়া হৈছিল যে ভাৰতীয় ৰে’লৱেই সুৰক্ষা বিভাগত পৰ্যাপ্ত কৰ্মচাৰীৰ অভাৱে ৰক্ষণাবেক্ষণৰ মানদণ্ডত প্ৰভাৱ পেলাইছে। প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে যোৱা চাৰি বছৰ ধৰি প্ৰতি বছৰে ৰে’লৱে সুৰক্ষাৰ ধন আন ক্ষেত্ৰ যেনে বৈদ্যুতিক সঁজুলি, আচবাব আৰু জেকেট কিনা, বাগিচা নিৰ্মাণ, দৰমহা আৰু বোনাছ প্ৰদানৰ বাবে অপব্যৱহাৰ কৰা হৈছিল। সেই প্ৰতিবেদনে ভাৰতীয় ৰে’লৱেই কৰা দাবীৰ বিৰোধিতা কৰিছিল যে এই দুৰ্ঘটনা ৰে'ল ব্যৱস্থাৰ সুৰক্ষাজনিত সমস্যাৰ প্ৰতিফলন নহয়। ৪ জুনত ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে "ইলেক্ট্ৰনিক ইণ্টাৰলকিঙৰ পৰিৱৰ্তন" অৰ্থাৎ ইলেক্ট্ৰনিক সংকেতৰ ভুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। ৰে'লৱে ব'ৰ্ডৰ সদস্য জয়া বাৰ্মাই কয় যে ইলেক্ট্ৰনিক ইণ্টাৰলক ব্যৱস্থা ৯৯.৯% ক্ষেত্ৰত "বিফল-নিৰাপদ" কিন্তু এই বিৰল বিকলতাৰ কাৰণ গাঁত খন্দাৰ সময়ত তাঁৰ কাটি যোৱা বা কোনো ধৰণৰ শ্বৰ্ট চাৰ্কিটৰ ফলত হ'ব পাৰে। অশ্বিনী বৈষ্ণৱে কয় যে ৰেলৱে ব’ৰ্ডে স্বাভাৱিক কাৰ্যনীতিৰ সলনি কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ (চিবিআই) নেতৃত্বত তদন্তৰ পৰামৰ্শ দিছিল। তেওঁ দাবী কৰে যে ৰেলৱে সুৰক্ষা আয়োগে (চি আৰ এছ) “এই বিষয়টোৰ তদন্ত কৰিছে”। দীৰ্ঘদিনীয়া ৰে’লৱে কৰ্মী তথা ব’ৰ্ডৰ সদস্য এজনে চৰকাৰী দাবীক লৈ প্ৰশ্ন উত্থাপন কৰে যে তেওঁলোকে দুৰ্ঘটনাৰ কাৰণ চিনাক্ত কৰাৰ আগতেই অপৰাধীক চিনাক্ত কৰাৰ কথা ৰাজহুৱাকৈ জনাইছিল। তেওঁলোকে লগতে কয় যে চিবিআইতকৈ ৰে’লৱেৰ বিষয়ত চি আৰ এছৰ কৰ্মী অধিক দক্ষ। তেওঁ কয় যে চিবিআই তদন্ততকৈ চিআৰএছৰ তদন্তৰ এটা সুবিধা হ’ল চিবিআইৰ তদন্তই কেৱল দোষীক চিনাক্ত কৰিব। আনহাতে চিআৰএছৰ তদন্তই বৰ্তমানৰ সুৰক্ষাৰ সাৱধানতা আৰু ৰে’লৱে উন্নতি কৰিব পৰা পদ্ধতিৰ পৰ্যালোচনা প্ৰদান কৰি ব্যৱস্থাগত বিফলতাও উন্মোচন কৰিব। বৈষ্ণৱে লগতে কোনোবাই পইণ্ট ৰে'ল সলনি কৰাটো এটা ভেঙুচালিৰ কাম বুলিও পৰামৰ্শ দিছিল। এজন সংকেত পৰিদৰ্শকে কয় যে সময়ৰ অভাৱৰ বাবে এয়া “অসম্ভৱ” ঘটনা। সাধাৰণতে ৰে'ল এখনে পূৰ্বৰ ষ্টেচনটো পাৰ হৈ যোৱাৰ সংকেত পোৱাৰ পিছত পইণ্টবোৰ সঠিক দিশত ছেট কৰা হয় আৰু এবাৰ পইণ্টবোৰ ছেট কৰিলে সেইবোৰ অন্ততঃ দুমিনিটৰ বাবে সলনি কৰিব নোৱাৰি। ৰে'লখনৰ দ্ৰুতগতিৰে আগৰ ষ্টেচন (পানপানা)ৰ পৰা বাহানাগা বজাৰ ষ্টেচনত উপস্থিত হ’বলৈ ১৪১ ছেকেণ্ড সময় লাগে। ইয়াৰ ফলত এজন সম্ভাৱ্য ভেঙুচালিকাৰীয়ে পৰিৱৰ্তন কৰিবলৈ ২০ ছেকেণ্ডতকৈও কম সময় বাকী থাকিব। পইণ্ট সলনি কৰিবলৈ ষ্টেচন মাষ্টাৰৰ সৈতেও গোপন বুজাবুজিৰ প্ৰয়োজন হ’ব। কিন্তু পইণ্টসমূহ সলনি কৰা হ’লেও ৰে’ল চলি থাকিবলৈ সেউজ সংকেত দিয়াৰ ব্যৱস্থা এতিয়াও উত্তৰহীন হৈ আছে। পৰিণতি ভাৰতীয় ৰে'লে দুৰ্ঘটনাত পতিত মৃতকৰ পৰিয়ালক ১০ লাখ, গুৰুতৰভাৱে আহতসকলক ২ লাখ আৰু সামান্য আঘাতপ্ৰাপ্ত লোকক ৫০ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। ইয়াৰ উপৰিও পিএমএনআৰএফৰ পৰা মৃতকৰ পৰিয়ালক ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকা অনুগ্ৰহ ক্ষতিপূৰণ দিয়া হ’ব। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিম বংগৰ নিহত হোৱা যাত্ৰীৰ পৰিয়ালক ৫ লাখ, গুৰুতৰভাৱে আহত হোৱা যাত্ৰীক ১ লাখ আৰু সামান্যভাবে আঘাতপ্ৰাপ্তসকলক ৫০,০০০ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে। দুৰ্ঘটনাৰ পিছত এনডিটিভিয়ে ৰিপ'ৰ্ট কৰে যে ক্ষতিগ্ৰস্ত পথৰ কমেও ৪৮খন ৰে'ল বাতিল কৰা হৈছে, ৩৯খন ৰে'ল বেলেগ পথলৈ ডাইভাৰ্ট কৰা হৈছে আৰু ১০খন ৰে'ল শ্বৰ্ট-টাৰ্মিনেট কৰা হৈছে। হিন্দুস্তান টাইমছে ৰিপ'ৰ্ট কৰিছিল দুৰ্ঘটনাৰ বাবে ১৫০খনতকৈও অধিক ৰে'ল প্ৰভাৱিত হৈছে। লগতে ৩ জুনত অনুষ্ঠিত হ'বলগীয়া মুম্বাই চি এছ এম টি–মদগাঁও বন্দে ভাৰত এক্সপ্ৰেছৰ উদ্বোধনী বাতিল কৰা হয়। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বিমান সংস্থাসমূহক নিৰ্দেশ দিছিল যে ভ্ৰমণৰ চাহিদা বৃদ্ধিৰ প্ৰতি সঁহাৰি জনাই বিমান ভাড়া যাতে বৃদ্ধি নহয়। অঞ্চলটোত বাছৰ ভাড়া অৱশ্যে দ্ৰুতভাৱে বৃদ্ধি পোৱা দেখা গৈছিল। বেংগালুৰু–হাওৰা এক্সপ্ৰেছ আৰু এখন বিশেষ ৰে’লেৰে ৩ জুনত ৬৪৩জন যাত্ৰী লৈ হাওৰাত উপস্থিত হয়। ষ্টেচনত যাত্ৰীসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰা হয়। ইতিমধ্যে সংকটজনকভাৱে আহতসকলক বালেশ্বৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। যাত্ৰীসকলক ঘৰলৈ নিবলৈ আঞ্চলিক পৰিবহণ কাৰ্যালয়ে বাছৰ ব্যৱস্থা কৰিছিল। আৱদ্ধ হৈ থকা ১৯৫জন যাত্ৰী লৈ এখন বিশেষ ৰে'ল ভদ্ৰকৰ পৰা চেন্নাই অভিমুখে ৰাওনা হৈছিল। এজন বিষয়াৰ মতে, ই বাটৰ ষ্টেচনসমূহত ক'ৰ'মণ্ডল এক্সপ্ৰেছৰ যাত্ৰীসকলকো গন্তব্য স্থানলৈ লৈ যাব। ৩ জুনত পশ্চিম বংগৰ মেদিনীপুৰত দুৰ্ঘটনাস্থলীৰ পৰা চিকিৎসালয়লৈ যাত্ৰী কঢ়িয়াই অনা বাছ এখনে আন এখন বাহনত খুন্দা মাৰে। এই দুৰ্ঘটনাৰ ফলত কেইগৰাকীমান যাত্ৰী সামান্য আঘাতপ্ৰাপ্ত হয়। ৫১ ঘণ্টাৰো অধিক সময় পুনৰুদ্ধাৰৰ অন্তত ৫ জুনৰ পৰা পুনৰ যাত্ৰীবাহী ৰে’ল সেৱা আৰম্ভ কৰা হয়। প্ৰতিক্ৰিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কাণ্ডক লৈ দুখ প্ৰকাশ কৰি শোকত ভাগি পৰা পৰিয়ালসমূহলৈও সমবেদনা জ্ঞাপন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই কাণ্ডক “গভীৰভাৱে দুখজনক” বুলি অভিহিত কৰিছে। ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই দুৰ্যোগক লৈ উদ্বেগ প্ৰকাশ কৰে। ভাৰতৰ চুবুৰীয়া দেশৰ নেতা আৰু... সমগ্ৰ বিশ্বই বহুলোকে প্ৰাণ হেৰুৱাৰ বাবে শোক প্ৰকাশ কৰে আৰু এইক্ষেত্ৰত ভাৰতক সমৰ্থন আগবঢ়ায়। ওড়িশাৰ মুখ্যমন্ত্ৰী আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী দুয়োজনেই এই দুৰ্ঘটনাৰ বাবে এটা দিন শোকৰ দিন হিচাপে ঘোষণা কৰে। লগতে তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে মৃত্যু হোৱা লোকসকলৰ আত্মীয়ক ৫ লাখকৈ টকা (৬,৩০০ মাৰ্কিন ডলাৰ) ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী), ভাৰতীয় কমিউনিষ্ট পাৰ্টিকে ধৰি বহুতো বিৰোধী দলে ৰে'ল মন্ত্ৰী বৈষ্ণৱৰ পদত্যাগ দাবি কৰি প্ৰতিবাদ কৰে। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সভাপতি তথা প্ৰাক্তন ৰে'ল মন্ত্ৰী মল্লিকাৰ্জুন খাৰ্গে ফেব্ৰুৱাৰী মাহৰ এখন পত্ৰৰ উল্লেখ কৰিছিল য'ত তেওঁ ৰে'ল মন্ত্ৰালয়ক এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণীৰ তদাৰকীৰ বিষয়ে প্ৰশ্ন কৰিছিল। ৰে’ল সংঘৰ্ষ বিৰোধী ব্যৱস্থা কাৰ্যকৰী নকৰাৰ বাবে চৰকাৰক সমালোচনা কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোডী আৰু ৰেলমন্ত্ৰী বৈষ্ণৱ দুয়োজনেই সমস্যাৰ অস্তিত্ব স্বীকাৰ কৰিবলৈ অনিচ্ছুক বুলি মত প্ৰকাশ কৰিছে। তথ্য উৎস বাহ্যিক সংযোগ ৰেল
34027
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A6%BF%E0%A6%85%27%20%28%E0%A6%9A%E0%A6%B2%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0%29
ৰিঅ' (চলচ্চিত্ৰ)
ৰিঅ’ (ইংৰাজী: হৈছে ২০১১ চনৰ এখন সংগীতধৰ্মী হাস্যমধুৰ আমেৰিকান ত্ৰিবিমীয় এনিমেটেড এডভেঞ্চাৰ চলচ্চিত্ৰ। ইয়াক ৰিঅ’: দ্য মুভি বা দ্য ৰিঅ’ মুভি হিচাপেও জনা যায়। ব্লু স্কাই ষ্টুডিঅ'জে নিৰ্মাণ কৰা ৰিঅ’ৰ পৰিচালক কাৰ্ল'ছ ছালডেনহা। চলচ্চিত্ৰখনৰ শিৰোনামটোৱে ব্ৰাজিলৰ ৰিঅ’ দি জেনেইৰ''' নগৰীক সূচায়, যি এই চলচ্চিত্ৰখনৰ পটভূমি। ইয়াত জেচ্ছি আইচেনবাৰ্গ, এন হেথাৱে, ৱিল.আই.এম, জেমি ফক্স, জৰ্জ ল'পেজ, ট্ৰেচি মৰ্গান, জেমেইন ক্লেমেণ্ট, লেছলি মেন, ৰ'ড্ৰিগো আৰু জেক টি. অ'ষ্টিনৰ কণ্ঠ সংগত কৰা হৈছে। ইয়াত ব্লু নামৰ এটা নীলা মতা ভাটৌৰ কাহিনী বৰ্ণোৱা হৈছে যাক ৰিঅ’ দি জেনেইৰ'লৈ এজনী নীলা মাইকী ভাটৌ জুৱেলৰ সৈতে মিলনৰ বাবে অনা হয়। চলচ্চিত্ৰখনৰ থীম সংগীত "টেলিং দ্য ৱৰ্ল্ড"ত টায়' ক্ৰুজে কণ্ঠদান কৰে। ছালডেনহাই ১৯৯৫ চনতে ৰিঅ’ৰ কাহিনীটোৰ বিষয়ে ধাৰণা এটা তৈয়াৰ কৰে, য'ত এটা পেংগুইন ৰিঅ’ত আহি সোমাই পৰে। কিন্তু একেধৰণৰ চলচ্চিত্ৰ হেপ্পী ফিট আৰু ছাৰ্ফছ আপৰ নিৰ্মাণৰ কথা জানিব পাৰি কাহিনীটোত ভাটৌ তথা ৰিঅ’ত সিহঁতৰ পৰিৱেশ বিষয়টোক অন্তৰ্ভুক্ত কৰে। ২০০৬ চনত তেওঁ এই ধাৰণাটোৰ বিষয়ে ক্ৰিছ ৱেজৰ আগত প্ৰস্তাৱ ৰাখে আৰু মূল প্ৰকল্পটো ব্লু স্কাই ষ্টুডিঅ'ত ৰখা হয়। কণ্ঠদাতা অভিনয় শিল্পীসকল ২০০৯ চনত গোট খায়হি। নিৰ্মাণকালত গোটটোৱে ৰিঅ’ দি জেনেইৰ' পৰিভ্ৰমণ কৰে আৰু ব্ৰঙ্কছ চিৰিয়াখানাৰ এজন ভাটৌৰ বিশেষজ্ঞৰ লগত ইহঁতৰ চালচলন সম্পৰ্কে আলোচনা কৰে। ২০থ চেঞ্চুৰী ফক্সে ২০১১ চনৰ ২২ মাৰ্চত ব্ৰাজিলত আৰু ২০১১ চনৰ ১৫ এপ্ৰিলত ইউনাইটেড ষ্টেটছত ৰিঅ’ক মুক্তি দিয়ে। সাধাৰণভাৱে ছবিখনে চলচ্চিত্ৰ সমালোচকসকলৰ যোগাত্মক সমালোচনা লাভ কৰে। নিৰীক্ষকসকলে ভিজুৱেল, কণ্ঠ অভিনয় আৰু সংগীতৰ প্ৰশংসা কৰে। ইউনাইটেড ষ্টেটছত $১৪৩ মিলিয়ন আৰু বিশ্বজুৰি $৪৮৪ মুঠ আয়েৰে ছবিখনে বক্স অফিচতো সফলতা লাভ কৰে। ছবিখনে "ৰিয়েন ইন ৰিঅ’" শীৰ্ষক গীতটোৰ বাবে শ্ৰেষ্ঠ অৰিজিনেল গীতৰ অস্কাৰ বঁটাৰ মনোনয়ন লাভ কৰে যদিও দ্য মাপেটৰ "মেন অফ মাপেট" গাতৰ হাতত পৰাজিত হয়। কাহিনী সাৰাংশ ব্ৰাজিলত বিভিন্ন পৰিভ্ৰমী পক্ষীক দেশখনৰ বাহিৰলৈ চালান দিয়াৰ চোৰাং কাৰবাৰ কৰা হয়। মিনেছ'টাৰ মুছ হ্ৰদৰ কাষত লিণ্ডা গুণ্ডাৰছন নামৰ এজনী সৰু ছোৱালীয়ে এখন ট্ৰাকৰ পৰা পৰি যোৱা এটা পোৱালি নীলা ভাটৌ তাক আৱদ্ধ কৰি ৰখা বাকচটোৰে সৈতে উদ্ধাৰ কৰে। ছোৱালীজনীয়ে তাৰ নাম ৰাখে ব্লু। ১৫ বছৰৰ পিছত লিণ্ডা এখন কিতাপৰ দোকানৰ গৰাকী হয়। ঘৰচীয়া হৈ উৰিব নোৱাৰা হোৱা ব্লুক কিতাপৰ দোকানখনৰ বাহিৰৰ পৰা এহাল কানাডিয়ান ৰাজহাঁহে প্ৰায়ে উপলুঙা কৰে। এদিন টুলিঅ' মণ্টেইৰ' নামৰ এজন পক্ষীবিজ্ঞানীয়ে নীলা ভাটৌ প্ৰজাতিৰ অন্তিমটো পুৰুষ ভাটৌ ব্লুক এজনী নীলা ভাটৌৰ সৈতেযোৰ বান্ধি দিবলৈ ব্লু আৰু লিণ্ডাক ৰিঅ’ দি জেনেইৰ'লৈ আমন্ত্ৰণ কৰে। লিণ্ডাই প্ৰস্তাৱটো মানি লয় আৰু ৰিঅ’লৈ উৰা মাৰে আৰু ব্লুৱে তাত পেড্ৰ' নামৰ এটা ৰঙামূৰীয়া কাৰ্ডিনেল আৰু তাৰ বন্ধু নিক' নামৰ এটা হালধীয়া কেনেৰী চৰাইক লগ পায়। টুলিঅ'ৰ পক্ষী আলয়ত সি জুৱেল নামৰ স্বাধীনচিতীয়া, বনলৈ উলটি যাবলৈ চেষ্টা কৰি থকা এজনী নীলা ভাটৌৰ প্ৰেমত পৰে। চৰাইহালক মাৰ্চেল নামৰ এটা চোৰাং সৰবৰাহকাৰীৰ হৈ কাম কৰা ফাৰ্ণাণ্ডো নামৰ এটা দুখীয়া মাউৰা ল'ৰা আৰু নাইজেল নামৰ এটা ভাটৌৱে ধৰি নিয়ে। ফাৰ্ণাণ্ডোৱে সি কৰা কামটোৰ বিষয়ে পুনৰবাৰ বিবেচনা কৰে। সঁজা সম্পৰ্কে ব্লুৰ জ্ঞানৰ বাবে সিহঁত দুটা ঠেঙত সংযুক্ত শিকলিৰে সৈতেই হাবিলৈ পলাই যাবলৈ সক্ষম হয়। ফাৰ্ণাণ্ডোৱে লিণ্ডা আৰু টুলিঅ'ক লগ কৰি এই কথা কয় যে মাৰ্চেলে তাক চৰাইবোৰ ধৰিবলৈ বাধ্য কৰে আৰু সি ব্লুক বিচৰাত দুয়োকে সহযোগ কৰে। ইফালে ব্লু আৰু জুৱেলে ৰাফেল নামৰ আন এটা চৰাইক লগ পায় যি সিহঁতহালক শিকলিৰপৰা মুক্ত কৰিবলৈ লুইজ নামৰ এটা বুলডগ বন্ধুৰ কাষলৈ লৈ যাবলৈ প্ৰস্তাৱ দিয়ে। সি ব্লুক উৰিবলৈ শিকোৱাৰ চেষ্টা কৰে। তেনেতে সিহঁত পেড্ৰ' আৰু নিক'ৰ সৈতে লগ হয়। ইফালে নাইজেলে ব্লু আৰু জুৱেলক ধৰিবলৈ কিছুমান সৰুফুটীয়া বান্দৰক নিয়োগ কৰে। পেড্ৰ' আৰু নিক'ই তিনিওকে চৰাইৰ পাৰ্টী এটালৈ লৈ যায়। তাত বান্দৰবোৰৰ সৈতে সিহঁতৰ মুখামুখি হয় যদিও তেওঁলোকৰ চৰাই বন্ধুবোৰে সিহঁতহালক পলুৱাই পঠিয়ায়। ফাৰ্ণাণ্ডোৱে লিণ্ডা আৰু টুলিঅ'ক চোৰাং সৰবৰাহকাৰীকেইটাৰ ঘাটীলৈ লৈ যায় যদিও তাত গৈ দেখেগৈ যে চৰাইবোৰ ইতিমধ্যেই লৈ যোৱা হৈছে। মাৰ্চেলে ক'লা বজাৰত ব্লু আৰু জুৱেলৰ লেনদেনৰ বাবে অতি সোনকালে দেশ এৰিব বিচৰা কথাটোৱে সূচায় যে আন ৰাস্তাবোৰ ৰিঅ’ কাৰ্ণিভেল উৎসৱৰ বাবে বন্ধ হৈ থকাত সি চৰাইবোৰ বিমান বন্দৰলৈ নিবলৈ ৰিঅ’ কাৰ্ণিভেল পেৰেডটো ব্যৱহাৰ কৰিব। আনহাতে ব্লু আৰু জুৱেল ৰাফেলহঁতৰ লগত লুইজৰ ওচৰলৈ যায় আৰু বুলডগটোৱে সিহঁতক বান্ধোনমুক্ত কৰে। ব্লুৱে সি উৰিব নোৱাৰা কথাটো জুৱেলৰ বাবে এক বোজাস্বৰূপ হ'ব বুলি ভাবি জুৱেলৰ সৈতে দুয়ো বেলেগ বাটে যাবলৈ তৰ্ক কৰে আৰু দুয়ো দুফালে গুচি যায়। পেড্ৰ' আৰু নিক'ই দেখে যে জুৱেলক আধাবাটতে নাইজেলে ধৰি নিলে। এই কথা জানি জুৱেলক বচাবলৈ ব্লু আৰু ৰাফেলো তুৰন্তে কাৰ্ণিভেললৈ ৰাওনা হয়। ইফালে লিণ্ডা আৰু টুলিঅ'ই চোৰাং সৰবৰাহকাৰীৰ গাড়ীখন চিনাক্ত কৰে। তেওঁলোক দুয়ো কাৰ্ণিভেলৰ নৃত্যশিল্পীৰূপে সাজি শোভাযাত্ৰাক সোমাই পৰে মানে নাইজেলে ব্লুহঁতৰ দলটো কৰায়ত্ত কৰে। পিছে লিণ্ডাহঁতে সময়মতে চোৰাং সৰবৰাহকাৰীকেইটাক জব্দ কৰাত ব্যৰ্থ হয় আৰু সিহঁত চৰাইবোৰ লৈ এখন সৰু বিমানত .7 উঠি উৰা মাৰে। ব্লুৱে কায়দা কৰি জুৱেলৰ সঁজাটো ভাঙি তাইক মুকলি কৰে আৰু দুয়োটাই আটাইবোৰ বন্দী চৰাইক মুকলি কৰি দিয়ে। নাইজেলে জুৱেলক উৰিব নোৱাৰা হোৱাকৈ আহত কৰে। ব্লুৱে অগ্নি নিৰ্বাপক সঁজুলি এটাৰে নাইজেলক বিমানখনৰ ইঞ্জিনৰ দিশে থেলি পথায়। উৰিব নোৱাৰি জুৱেল সাগৰলৈ সৰি পৰিবলৈ ধৰে আৰু তাইক বচোৱাৰ তাড়নাত ব্লুৱে আৱিষ্কাৰ কৰে যে সি উৰিব পাৰে। সি জুৱেলক লিণ্ডাহঁতৰ কাষলৈ কঢ়িয়াই লৈ যায়। পিছত লিণ্ডা আৰু টুলিঅ'ই জুৱেলক সুস্থ কৰি তোলে, ফাৰ্ণাণ্ডোক তুলি লয় আৰু অৰণ্যখন চোৰাং ব্যৱসায়ীৰ পৰা বচাবলৈ এক অভয়াৰণ্য গঢ়ি তোলে। ব্লু আৰু জুৱেলৰ তিনিটা পোৱালি হয় আৰু সিহঁতে চৰাই বন্ধুবোৰৰ সৈতে আনন্দ-উপভোগ কৰে। পাখিবোৰ হেৰুওৱাৰ বাবে নাইজেল হাঁহিয়াতৰ পাত্ৰ হয় আৰু চোৰাং সৰবৰাহকাৰীকেইটাক কাৰাগাৰলৈ পঠিওৱা হয়। অভিনয় শিল্পী মুখ্য শিল্পী টেইলাৰ ব্লু গুণ্ডাৰছন নামৰ উৰিব নোৱাৰা এটা নীলা ভাটৌৰ কণ্ঠত জেচ্ছি আইচেনবাৰ্গ। জুৱেল নামৰ এজনী নীলা ভাটৌৰ (যাৰ সৈতেযোৰ পতাবলৈ ব্লুক অনা হৈছিল) কণ্ঠত এন হেথাৱে। ব্লুক উদ্ধাৰ কৰি ১৫ বছৰ প্ৰতিপাল কৰা লিণ্ডা গুণ্ডাৰছন নামৰ যুৱতীগৰাকীৰ কণ্ঠত লেছলি মেন। নাইজেল নামৰ এটা ক্ৰুৰ ভাটৌৰ কণ্ঠত জেমেইন ক্লেমেণ্ট। ৰাফেলৰ কণ্ঠত জৰ্জ ল'পেজ। বটলৰ সাঁফৰ এটা টুপী হিচাপে পিন্ধি থকা নিক'ৰ কণ্ঠত জেমি ফক্স। পেড্ৰ'ৰ কণ্ঠত ৱিল.আই.এম। এক ব্ৰাজিলিয়ান পক্ষীবিদ টুলিঅ' মণ্টেইৰ'ৰ কণ্ঠত ৰ'ড্ৰিগো ছেণ্ট'ৰ'। চোৰাং চিকাৰী/সৰবৰাহকাৰী নাইজেলৰ গৰাকী তথা দলটোৰ নেতা মাৰ্চেলৰ কণ্ঠত কাৰ্ল'ছ পঞ্চ। মাৰ্চেলৰ সহযোগী এক দুখীয়া কিশোৰ ফাৰ্ণাণ্ডোৰ কণ্ঠত জেক টি. অ'ষ্টিন। অতিৰিক্ত শিল্পী বুলডগ লুইজৰ কণ্ঠত ট্ৰেচি মৰ্গান। টুলিঅ'ৰ পক্ষী আলয়ৰ ৰখীয়া কিপ'ৰ কণ্ঠত বাৰ্ণাৰ্ড' ডি পাওলা। কানাডিয়ান ৰাজহাঁহ দুজনীৰ কণ্ঠত ৱেণ্ডা চিকছ আৰু জেন লিনছ। সৰুফুটীয়া বান্দৰবোৰৰ দলপতি মাওৰ'ৰ কণ্ঠত ফ্ৰাঞ্চিস্ক' ৰেম'ছ। ৰাফেলৰ পত্নী ইভাৰ কণ্ঠত বেবেল গিলবাৰ্ট'। নিৰ্মাণ ছালডেনহাই এনিমেটৰসকলক মানচিত্ৰ আৰু ভৌগোলিক স্থিতি তথা জোখ-মাপসহিত গ্ৰন্থ দিয়ে, যাৰপৰা তেওঁলোকে ৰিঅ’ৰ এক ডিজিটেল সংস্কৰণ নিৰ্মাণ কৰে। পিছত, কোম্পানীৰ কলাকাৰসমূহৰ এটা দলে কাহিনীৰ বিভিন্ন ল'কেছনসমূহ চাবলৈ ৰিঅ’ ভ্ৰমণ কৰে। তেওঁলোকে ভাটৌৰ গতি-বিধি আৰু ব্যক্তিত্বৰ বিষয়ে বিতংকৈ জানিবলৈ ব্ৰঙ্কছ চিৰিয়াখানাৰ এগৰাকী ভাটৌ বিশেষজ্ঞকো সাক্ষাত কৰে। ২০০৯ চনত মুখ্য কণ্ঠশিল্পীসমূহক অনা হয়। নাইজেলৰ কণ্ঠ দিবলৈ জেমেইন ক্লেমেণ্ট আগবাঢ়ি আহে। নীল পেট্ৰিক হেৰিছে ব্লুৰ কণ্ঠ দিয়াৰ কথা আছিল কিন্তু পিছত জেচ্ছি লাইচেনবাৰ্গে এই ভূমিকা লয়। সংগীতৰ বাবে তেওঁলোকে ছাৰ্জিঅ' মেণ্ডিছক সংগীত গুৰু হিচাপে আনে। তেওঁ ৱিল.আই.এম আৰু কাৰ্লিনহছ ব্ৰাউন আদিৰ দৰে সংগীত শিল্পীক আমন্ত্ৰণ কৰি আনে। মুক্তি ২০১১ চনৰ ২২ মাৰ্চত ৰিঅ’ ডি জেনেইৰ'ৰ চিনেপলিচ থিয়েটাৰত ৰিঅ’ৰ বিশ্ব প্ৰিমিয়াৰ সম্পন্ন হয়। একে বছৰৰে ১০ এপ্ৰিলত কেলিফৰ্ণিয়াত ইয়াৰ ইউনাইটেড ষ্টেটছ প্ৰিমিয়াৰ সম্পন্ন হয় আৰু পাঁচ দিনৰ পিছত সমগ্ৰ দেশজুৰি ইয়াক মুক্তি দিয়া হয়। বজাৰীকৰণ ২০১১ চনৰ ২৭ জানুৱাৰীত চলচ্চিত্ৰখনৰ অগ্ৰগতিৰ বাবে ৰভিঅ' ম'বাইলে ২০থ চেঞ্চুৰী ফক্সৰ সৈতে এক অংশীদাৰীত্বৰ কথা ঘোষণা কৰে। ২০১১ চনৰ মাৰ্চত এণ্ড্ৰইড মাৰ্কেট আৰু এপল এপ ষ্ট'ৰত এংৰি বাৰ্ডছ ৰিঅ’ নামৰ ৫০টা ঢাপৰ এটা ভিডিঅ' গেমো মুকলি কৰা হয়। বছৰটোৰ ভিতৰত ৰভিঅ'ই অধিক ঢাপৰ মুক্তি দিয়ে। ডিভিডি আৰু ব্লু-ৰে সজ্জাত মুক্তি পোৱাৰ পিছত, ৰভিঅ' আৰু ২০থ চেঞ্চুৰী ফক্সে ঘোষণা কৰে যে তেওঁলোকে এংৰি বাৰ্ডছ অনলাইন ষ্ট'ৰত ৰিঅ’ মখমলী পুতলা বিক্ৰী কৰিব আৰু ডিভিডি আৰু ব্লু-ৰেসমূহত ৩টা এংৰি বাৰ্ডছ ভিডিঅ'ৰে সৈতে ১৫টা গোপন লেভেল সংযুক্ত হ'ব। মেকড'নাল্ডছেও তেওঁলোকৰ হেপ্পী মিলত ৰিঅ’ পুতলাসমূহক এক অগ্ৰগতি দিয়ে। হোম মিডিয়া কাহিনীটোৰ বেছিভাগ অংশ ব্ৰাজিলৰ ওপৰত আধাৰিত হোৱা বাবে দেশখনৰ প্ৰতি সন্মান জনাই হোম ভিডিঅ'ৰ কাৰণে ২০১১ চনৰ ৭ জুলাইত ৰিঅ’ক ডিভিডি আৰু ব্লু-ৰে উভয় ৰূপতে ব্ৰাজিলত মুক্তি দিয়া হয়। উত্তৰ আমেৰিকা আৰু অষ্ট্ৰেলিয়াত মুক্তিৰ তাৰিখ আছিল যথাক্ৰমে ২ আগষ্ট আৰু ২৮ ছেপ্টেম্বৰ। সঁহাৰি সমালোচনা ৰিঅ’ই চলচ্চিত্ৰ সমালোচকসকলৰ ইতিবাচক সঁহাৰি লাভ কৰে। ২০১১ চনৰ জুনত ৰটেন টমেট'জৰ সমালোচনা গড়ে ১৩৬টা সমালোচনাৰ ওপৰত ভিত্তি কৰি ইয়াক ১০ ৰ ভিতৰত গড় ৬.৪ নম্বৰ দিয়াৰ লগতে ৭২% প্ৰদান কৰে। মেটাক্ৰিটিক মূলসূঁতিৰ ১০০টা সমালোচনাৰ ওপৰত ভিত্তি কৰি ১০০ ৰ ভিতৰত ৬৩ নম্বৰ দিয়ে। এণ্টাৰটেইনমেণ্ট ৱিকলিৰ অৱেন গ্লেইবাৰমেনে ছবিখনক এক মিশ্ৰিত "চি" ৰেটিং দিয়ে। গ্লেইবাৰমেনে ৰিঅ’ৰ এনিমেচন আৰু সংগীতৰ প্ৰশংসা কৰে। লছ এঞ্জেলছ টাইমছৰ বেটছি শ্বাৰ্কিয়ে ছবিখনলৈ ইতিবাচক সঁহাৰি দিয়ে আৰু ইয়াৰ কৌতুকপূৰ্ণ গতিবিধি, কণ্ঠ আৰু ভিজুৱেলৰ প্ৰশংসা কৰে। বক্স অফিচ উত্তৰ আমেৰিকাত $১৪৩,৬১৯,৮০৯ আৰু বাহিৰত $৩৪১,০১৫,৯৫১ আয়েৰে বিশ্বজুৰি ৰিঅ’ৰ মুঠ আয় হয়গৈ $৪৮৪,৬৩৫,৭৬০ আৰু ই ২০১১ চনৰ সৰ্বাধিক আয় কৰা ছবিৰ তালিকাত ত্ৰয়োদশ স্থান পায় আৰু সৰ্বকালৰ সৰ্বাধিক আয় কৰা ছবিৰ তালিকাত ১০৭তম স্থান লাভ কৰে। ২০১১ চনৰ চলচ্চিত্ৰসমূহৰ ভিতৰত $৪০০ মিলিয়নৰ সীমা অতিক্ৰম কৰা ই প্ৰথমখন চলচ্চিত্ৰ। উত্তৰ আমেৰিকা ৩,৪২৬খন থিয়েটাৰৰ প্ৰায় ৬,৪০০খন পৰ্দাত প্ৰদৰ্শনীৰে প্ৰথমটো সপ্তাহান্তত চলচ্চিত্ৰখনে $৩৯,২২৫,৯৬২ আয় কৰে। ই দ্বিতীয় স্থানৰ স্ক্ৰীম ৪ক অতিক্ৰম কৰি বক্স অফিচত প্ৰথম স্থান দখল কৰে। সেই সময়ত ২০১১ চনৰ ছবিসমূহৰ ভিতৰত, প্ৰথমটো সপ্তাহান্তত সৰ্বাধিক আয় কৰা ছবিৰ তালিকাত ৰিঅ’ প্ৰথম স্থানত আছিল। অৱশ্যে পিছত ই সপ্তম স্থানলৈ অৱনমিত হয়। চলচ্চিত্ৰখন এপ্ৰিল মাহৰ প্ৰথম সপ্তাহান্তত সৰ্বাধিক আয় কৰা আৰু গোটেই এপ্ৰিল মাহটোত ষষ্ঠ সৰ্বাধিক আয় কৰা এনিমেচন চলচ্চিত্ৰৰূপে পৰিগণিত হয়। দ্বিতীয়টো সপ্তাহান্ততো ই মাত্ৰ ৩৩% আয়ৰ অৱনমনৰ সৈতে $২৬.৩ মিলিয়ন আয়েৰে সেই সপ্তাহান্তত মুক্তি পোৱা দ্বিতীয়, তৃতীয় আৰু ষষ্ঠ স্থানত থকা ক্ৰমে মেডিছ বিগ হেপ্পী ফেমিলী ($২৫.১ মিলিয়ন), ৱাটাৰ ফৰ এলিফেণ্টছ ($১৬.৮ মিলিয়ন) আৰু আফ্ৰিকান কেটছক ($৬ মিলিয়ন) পিছ পেলাই প্ৰথম স্থান অক্ষুণ্ণ ৰাখে। সংগীত ২০১১ চনৰ ১৮ মাৰ্চত ব্ৰাজিলিয়ান-ইংৰাজ গায়ক-গীতিকাৰ টায়' ক্ৰুজে ইউটিউবত 'টেলিং দ্য ৱৰ্ল্ড' শীৰ্ষক এক মিউজিক ভিডিঅ' আৰ থিম ছং মুকলি কৰে। ২০১১ চনৰ ২৯ মাৰ্চত মোশ্বন পিকচাৰ্ছৰ ফালৰপৰা ডিজিটেল ডাউললোডৰ বাবে ২০ত চেঞ্চুৰী ফক্সে ইউনাইটেড ষ্টেটচত ৰিঅ’: মিউজিক'' মুকলি কৰে। ৫ এপ্ৰিলত ইণ্টাৰস্কোপ ৰেকৰ্ডছে ইয়াক অডিঅ' চিডি মুকলি কৰে। ব্ৰাজিলিয়ান সংস্কৰণটোৰ কিছুসংখ্যক গীতে ইভেত ছাংগেল' আদি শিল্পীৰ কণ্ঠেৰে এক পৰ্তুগীজ ৰূপ পায়। 'ৰিয়েল ইন ৰিঅ’' হয়গৈ 'ফেভ' ডি মেল' (মৌচাক) কিন্তু ইয়াত ইংৰাজী সংস্কৰণটোৰ শিল্পীসকলেই কণ্ঠদান কৰে। বঁটা আৰু মনোনয়ন ভিডিঅ' গেম ছবিখনৰ ওপৰত ভিত্তি কৰি নিনটেণ্ড ৱি, নিনটেণ্ড ডিএচত, প্লেষ্টেচন ৩ আৰু এক্সবক্স ৩৬০ৰ কাৰণে এটা ভিডিঅ' গেমো মুকলি কৰা হয়। মাৰিঅ’ পাৰ্টি শৃংখলাৰ দৰে ইয়াৰো এক 'পাৰ্টী-ধৰণ' আছে। ২০১১ চনৰ মাৰ্চত বিভিন্ন ডেস্কটপ আৰু ম'বাইলৰ বাবে এংৰি বাৰ্ডছ ৰিঅ’ নামৰ আন এটা ভিডিঅ' গেমো মুকলি কৰা হয়। ছিকুৱেল ৰিঅ’ ২ শীৰ্ষক এক ছিকুৱেলৰ নিৰ্মাণকাৰ্য ২০১৪ চনৰ ১১ এপ্ৰিলৰপৰা আৰম্ভ হ'ব। ৰিঅ’ৰ পৰিচালক কাৰ্ল'ছ ছালডেনহাই উক্ত ছবিৰ পৰিচালক হিচাপে প্ৰত্যাৱৰ্তন কৰিব। এন হেথাৱে, জেচ্ছি আইচেনবাৰ্গ, জেমেইন ক্লেমেণ্ট, জেমি ফক্স, ৱিল.আই.এম, ট্ৰেচি মৰ্গান, জৰ্জ ল'পেজ, জেক টি. অষ্টিন, লেছলি মেন আৰু ৰ'ড্ৰিগো ছেণ্ট'ৰ'কে ধৰি আটাইবোৰ মুখ্য কণ্ঠশিল্পীয়ে তেওঁলোকৰ চৰিত্ৰসমূহ পুনঃ ৰূপায়ণ কৰিব। নতুন কণ্ঠশিল্পী হিচাপে এণ্ডি গাৰ্চিয়া, ব্ৰুন' মাৰ্ছ, ক্ৰিষ্টিন চেন'ৱেথ, ৰীতা মৰেন', এমেণ্ডলা ষ্টেনবাৰ্গ, ৰাচেল ক্ৰ', পিয়েৰ্চ গেগনন আৰু নাটালিয়া মৰেলছৰ আগমণ ঘটিব। ছিকুৱেলখনত তিনিটা পোৱালিৰে সৈতে ব্লু আৰু জুৱেলৰ আমাজন ভ্ৰমণ দেখুওৱা হ'ব য'ত সিহঁতে প্ৰকৃত চৰাইৰ জীৱন যাপন কৰাৰ চেষ্টা কৰিব। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ইংৰাজী চলচ্চিত্ৰ এনিমেছন চলচ্চিত্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ
65866
https://as.wikipedia.org/wiki/%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A7%87%E0%A6%97%E0%A6%9C%E0%A6%A8%E0%A6%BF%E0%A6%A4%20%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A7%E0%A6%BF%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A7%8D%E0%A6%A4%20%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A4%20%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A7%B0%20%E0%A6%A4%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%95%E0%A6%BE
উদ্বেগজনিত ব্যাধিগ্ৰস্ত প্ৰখ্যাত ব্যক্তিসকলৰ তালিকা
বিভিন্ন উৎসৰ দ্বাৰা প্ৰক্ষেপিত তথ্যৰ পৰা দেখা যায় যে, পৃথিৱীৰ বহু প্ৰখ্যাত ব্যক্তিৰ উদ্বেগজনিত ব্যাধি কোনো ৰূপত আছিল বা আছে। তেনে প্ৰখ্যাত ব্যক্তিসকলৰ বহুজনে নিজস্ব ব্যাধিৰ ৰূপ ৰাজহুৱাও কৰিছে। উপলব্ধ এনে ৰাজহুৱা তথ্যৰ ভিত্তিত অথবা তেওঁলোকৰ সৈতে জড়িত বিশ্বাসযোগ্য সূত্ৰৰ আধাৰত নিম্নোক্ত তালিকাখন প্ৰস্তুত হৈছে। মন কৰিবলগীয়া যে, সঘনাই আলোচিত আন এক বিষয় সৃজনশীলতা আৰু মানসিক স্বাস্থ্যৰ সৈতে এই ব্যক্তিসকলৰ উল্লেখ প্ৰায়েই জড়িত হৈ থাকে। এই তালিকাখনত মৃত ব্যক্তিৰ ক্ষেত্ৰত ভূতাপেক্ষ বা পূৰ্বৱৰ্তী ৰোগ নিৰ্ণয়ৰ দ্বাৰা প্ৰাপ্ত তথ্য, কেৱলমাত্ৰ মূলসুঁতিৰ শিক্ষায়তনিক সূত্ৰৰ দ্বাৰা প্ৰতিপাদ্য প্ৰতিক্ষেপক হ'লেহে উল্লেখিত হোৱা উচিত। কোনো ব্যক্তিৰ ক্ষেত্ৰত তেওঁৰ ব্যাধি সম্পৰ্কীয় তথ্য মূলসুঁতিৰ বিশ্বস্ত সূত্ৰত সঘনভাৱে উল্লেখিত হ'লেহে এই তালিকাৰ অন্তৰ্ভুক্ত কৰা উচিত। তালিকা আ আমাণ্ডা বেইনছ্, আমেৰিকান অভিনেত্ৰী আমাণ্ডা ছেইফ্ৰেইড, আমেৰিকান অভিনেত্ৰী, গায়িকা, আৰু মডেল ই ইয়াৰ্ল কে’ম্পবে’ল, আমেৰিকান ফুটবল খেলুৱৈ উ উডী এলে’ন, আমেৰিকান চলচ্চিত্ৰ পৰিচালক যাৰ অত্যধিক-অমোঘ ব্যাধি আছিল। এ এডে'ল, গ্ৰেমী ৱঁটা প্ৰাপ্ত বিখ্যাত ব্ৰিটিছ গায়িকা এডে'লৰ উদ্বেগজনিত সমস্যা আৰু পে'নিক এটে'ক ()-ৰ সমস্যা আছিল। এমিলী ল’য়ড, ইংৰাজ অভিনেত্ৰী যি উদ্বেগজনিত সমস্যাত আৰু অত্যধিক-অমোঘ ব্যাধি ()-ত আক্ৰান্ত আছিল এণ্ট মেকপাৰ্টলিন, ব্ৰিটিছ টেলিভিছন উপস্থাপক যি উদ্বেগজনিত সমস্যাত আক্ৰান্ত এমা ষ্ট’ন, আমেৰিকান অভিনেত্ৰী, যি পে'নিক এটে'ক ()-ৰ সমস্যাত আক্ৰান্ত আছিল ক কাৰ্ডি বি, আমেৰিকান ৰে'প্ গায়ক কাৰ্ছ'ন ডে'লী, আমেৰিকান টেলিভিছন হ'ষ্ট, প্ৰযোজক, আৰু ৰেডিঅ'ৰ শিল্পী কিম বেছিংগাৰ, আমেৰিকান অভিনেত্ৰী যি সামাজিক উদ্বিগ্নতাৰ ভীতিগ্ৰস্ততা ()-ত আক্ৰান্ত আছিল কেমেৰ'ণ ডিয়াজ, আমেৰিকান অভিনেত্ৰী যি অত্যধিক-অমোঘ ব্যাধি ()-ত আক্ৰান্ত আছিল কেণ্ডাল জেন্নাৰ, আমেৰিকান মডেল আৰু টেলিভিছনৰ বক্তা ক্ৰিষ্টে’ন বে’ল, আমেৰিকান অভিনেত্ৰী যি উদ্বেগজনিত সমস্যাত আক্ৰান্ত ক্ৰিছ এভানছ্, আমেৰিকান অভিনেতা ক’ল্ট’ন হেইনছ্, আমেৰিকান অভিনেতা কেভিন লভ, আমেৰিকান পেছাদাৰী বাস্কেটনল খেলুৱৈ ক্লিণ্ট মালাৰচাক, কানাডীয় আইচ হকী খেলুৱৈ জেইন মালিক, ইংৰাজ গায়ক আৰু গীতিকাৰ ছ ছাৰাহ ছিলভাৰমেন, আমেৰিকান কমেডিয়ান আৰু অভিনেত্ৰী ছাৰ্লিজ থেৰ'ন, দক্ষিণ-আমেৰিকান অভিনেত্ৰী ছিডনী মাগ্ৰুডে'ৰ ৱাশ্বিংটন, আমেৰিকান বেলে নৃত্যশিল্পী ছে’লেনা গ’মেজ, আমেৰিকান গায়িকা আৰু অভিনেত্ৰী জ জেছিকা এ'লবা, আমেৰিকান অভিনেত্ৰী, তেওঁৰ অত্যধিক-অমোঘ ব্যাধি আছিল জাষ্টিন বে'ইবাৰ, কানাডাৰ গায়ক যাৰ হতাশগ্ৰস্ততা আৰু উদ্বেগজনিত সমস্যা আছিল জাষ্টিন টিম্বাৰলে’ক, আমেৰিকান গায়ক আৰু নৃত্যশিল্পী যি অত্যধিক-অমোঘ ব্যাধি ()-ত আক্ৰান্ত হৈছিল জ’নী ডে’প্প্ আমেৰিকান অভিনেতা জে’ক গ্ৰেইঁকে, আমেৰিকান বাস্কেটবল খেলুৱৈ জেইছ্ আইজেনবাৰ্গ, আমেৰিকান অভিনেতা জেনিফাৰ ল’ৰেঞ্চ, অস্কাৰ বিজয়ী আমেৰিকান অভিনেত্ৰী যি উদ্বেগজনিত সমস্যাত ভুগিছিল জ’ৰ্জ এজৰা, বিট্ৰিছ গায়ক-গীতিকাৰ যি উদ্বেগজনিত সমস্যা আৰু অত্যধিক-অমোঘ ব্যাধি ()-ত আক্ৰান্ত জ’ন মেয়াৰ, আমেৰিকান কণ্ঠশিল্পী আৰু সংগীতবিদ জেন্নে’ট মেক্ কাৰ্ডী, আমেৰিকান অভিনেত্ৰী আৰু গায়িকা যি অত্যধিক-অমোঘ ব্যাধি ()-ত আক্ৰান্ত আছিল জ'ন ৰিচাৰ্ডছন, ইংৰাজ কমেডিয়ান যি অত্যধিক-অমোঘ ব্যাধি ()-ত আক্ৰান্ত আছিল ড ডেভিদ বে'কহাম, ব্ৰিটিছ ফুটবলাৰ যাৰ অত্যধিক-অমোঘ ব্যাধি আছিল ডেমী ল’ৱেট’, আমেৰিকান কণ্ঠশিল্পী ড'ন্নী অ'ছমণ্ড, আমেৰিকান গায়ক আৰু অভিনেতা ত তাৰাজি পি. হেনছন, আমেৰিকান অভিনেত্ৰী ন নাওমি জুড, আমেৰিকান দেশীয় গায়ক আৰু -ৰ সদস্য, যি উদ্বেগজনিত সমস্যাত যুঁজিছিল নিক’ল কিডমে’ন, অস্কাৰ বিজয়ী অষ্ট্ৰেলিয়ান গায়িকা যি পে'নিক এটে'কৰ ()-ৰ সমস্যাত আক্ৰান্ত আছিল প পাউল ডীন, আমেৰিকান ৰান্ধনি যাৰ আছিল প'ল গেস্ক'ইন, ইংৰাজ ফুটবলাৰ যাৰ উদ্বেগজনিত সমস্যাৰ সমস্যা আছিল ব বিল্লী ব’ব থ’ৰ্নটন, আমেৰিকান অভিনেতা আৰু সংগীতজ্ঞ যি অত্যধিক-অমোঘ ব্যাধি ()-ত ভুগিছিল বেন স্বৱাৰ্টজ, আমেৰিকান অভিনেতা, কমেডিয়ান আৰু লেখক ম মাইকে'ল ক্লিফ’ৰ্ড, অষ্ট্ৰেলিয়ান বেণ্ড 5 -ৰ গীটাৰবাদক মাইকেল ফীফাৰ, আমেৰিকান অভিনেত্ৰী যি সামাজিক উদ্বিগ্নতাৰ ভীতিগ্ৰস্ততা ()-ৰ ব্যাধিৰ সৈতে যুঁজিব লগা হৈছিল মাৰ্ক ছামাৰছ, আমেৰিকান টেলিভিছন ব্যক্তিত্ব আৰু গে'ম শ্ব'ৰ আঁত ধৰোঁতা যি অত্যধিক-অমোঘ ব্যাধি ()-ত আক্ৰান্ত হৈছিল মাৰা উইলছন, আমেৰিকান লেখক যি অত্যধিক-অমোঘ ব্যাধি ()-ৰ বিৰুদ্ধে যুঁজিব লগা হৈছিল মিছী এলিয়ট, আমেৰিকান ৰে’প গায়ক যি উদ্বেগজনিত সমস্যাত আক্ৰান্ত আছিল মীনা ম'ই, আমেৰিকাত জন্ম প্ৰাপ্ত গোটৰ জাপানীজ কণ্ঠশিল্পী, তেওঁ উদ্বেগজনিত সমস্যাত আক্ৰান্ত হৈ কেৰিয়াৰৰ পৰা সাময়িক বিৰতি ল'ব লগা হৈছিল য যে’ক ব্ৰে’ফ, আমেৰিকান অভিনেতা যি অত্যধিক-অমোঘ ব্যাধি ()-ত আক্ৰান্ত য’য়ে ছাগ, ইংৰাজ য়ুটিউবাৰ, লেখিকা আৰু ব্যৱসায়ী যি উদ্বেগজনিত সমস্যাত আক্ৰান্ত ৰ ৰ’ইচ হোৱাইট, আমেৰিকান বাস্কেটবল খেলুৱৈ ল লিঅ'নাৰ্ড' ডিকাপ্ৰিঅ', অস্কাৰ বিজয়ী আমেৰিকান অভিনেতা যি অত্যধিক-অমোঘ ব্যাধি ()-ৰ চিকাৰ আছিল লেডী গাগা, আমেৰিকান সংগীতকাৰ আৰু অভিনেত্ৰী যি হতাশগ্ৰস্ততা আৰু উদ্বেগজনিত সমস্যাত আক্ৰান্ত আছিল লিলি ৰেইনহাৰ্ট আমেৰিকান অভিনেত্ৰী লেএন ৰীমছ্, আমেৰিকান দেশীয় গীতৰ গায়ক ৱ ৱিন'না ৰাইডাৰ, আমেৰিকান অভিনেত্ৰী যি উদ্বেগজনিত সমস্যাত ভুগিছিল ৱিল হুৱেটন, আমেৰিকান অভিনেতা শ শ্ব’ন মেণ্ডিজ, কানাডীয় গায়ক-গীতিকাৰ যি উদ্বেগজনিত সমস্যাত আক্ৰান্ত ষ ষ্টিফেন ক’লবাৰ্ট, আমেৰিকান কমেডিয়ান আৰু টক-শ্ব'ৰ আঁত ধৰোঁতা যাৰ উদ্বেগজনিত সমস্যা, হতাশগ্ৰস্ততা আৰু পেনিক এটে'ক আছিল স স্কাৰলে’ট জ’হানছ’ন, আমেৰিকান অভিনেত্ৰী যি উদ্বেগজনিত সমস্যা আৰু পে'নিক এটে'কৰ ()-ত আক্ৰান্ত আছিল হ হেৰিছন ফ'ৰ্ড, আমেৰিকান অভিনেতা যি সামাজিক উদ্বিগ্নতাৰ ভীতিগ্ৰস্ততা ()-ত আক্ৰান্ত আছিল হৌপী গ’ল্ডবাৰ্গ, আমেৰিকান অভিনেত্ৰী আৰু টেলিভিছনৰ বক্তা হে’থাৰ ল’কলিয়েৰ, আমেৰিকান অভিনেত্ৰী আৰু মডেল হাউৱি মেণ্ডেল, কানাডীয় টেলিভিছন ব্যক্তিত্ব যি অত্যধিক-অমোঘ ব্যাধি ()-ৰ সৈতে যুঁজিব লগা হৈছিল তথ্যসূত্ৰ তালিকাসমূহ
62345
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%B9%E0%A7%81%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC
বহুবিশ্ব
বহুবিশ্ব হৈছে কেইবাখনো ব্ৰহ্মাণ্ডৰ এক প্ৰাকল্পিক নাইবা অনুমানভিত্তিক গোট। আটাইবোৰ ব্ৰহ্মাণ্ডয়েই কাল, সময়, পদাৰ্থ, শক্তি, তথ্য, ভৌতিক নিয়মাৱলী, আৰু ভৌতিক ধ্ৰুৱকৰে সমৃদ্ধ। বহুবিশ্বৰ ভিতৰত থকা ব্ৰহ্মাণ্ডক "সমান্তৰাল ব্ৰহ্মাণ্ড", "অইন ব্ৰহ্মাণ্ড", "বিকল্প ব্ৰহ্মাণ্ড" নাইবা "বহুতো ব্ৰহ্মাণ্ড" বুলিও অভিহিত কৰা হয়। সংক্ষিপ্ত ব্যাখ্যা বহু ব্ৰহ্মাণ্ডৰ ধাৰণাটো ব্ৰহ্মাণ্ডবিজ্ঞান, পদাৰ্থ বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, ধৰ্ম, দৰ্শন, ট্ৰেন্সপাৰ্ছ'নেল ছাইক'লজি, সংগীত আৰু সকলোধৰণৰ সাহিত্যত বিশেষকৈ কল্পবিজ্ঞান, ছ আৰু ফেণ্টাছিত দেখিবলৈ পোৱা যায়। এনেধৰণৰ প্ৰসংগত, সমান্তৰাল ব্ৰহ্মাণ্ডক বৈকল্পিক ব্ৰহ্মাণ্ড, কোৱাণ্টাম ব্ৰহ্মাণ্ড, আন্তঃভেদী ব্ৰহ্মাণ্ড, সমান্তৰাল ব্ৰহ্মাণ্ড, সমান্তৰাল মাত্ৰা, সমান্তৰাল পৃথিৱী, সমান্তৰাল বাস্তৱতা, কোৱাণ্টাম বাস্তৱতা, বৈকল্পিক বাস্তৱতা আদি নামেৰে উল্লেখ কৰা হয়। পদাৰ্থ বিজ্ঞানীৰ সমুদায়ে বিভিন্ন সময়ত এই ধাৰণাটোক লৈ তৰ্ক কৰি আহিছে। প্ৰথিতযশা পদাৰ্থ বিজ্ঞানীসকল এই ধাৰণাটোৰ সপক্ষে আৰু বিপক্ষে থিয় দিছে। একাংশ পদাৰ্থবিজ্ঞানীয়ে কয় যে, বহুবিশ্বৰ ধাৰণাটো বৈজ্ঞানিক অনুসন্ধানৰ এটা ন্যায়সংগত বিষয় নহয়। আনহাতে বহুবিশ্বক পৰীক্ষামূলক বৈধতাপ্ৰাপ্তিৰ পৰা পৃথক কৰি ৰখাৰ প্ৰচেষ্টাই ৰাজহুৱা প্ৰেক্ষাপটত বিজ্ঞাননিৰ্ভৰতা হ্ৰাস কৰিব নেকি-এই বিষয়েও উদ্বেগ প্ৰকাশিত হয়। তেনেধৰণৰ প্ৰয়াসে প্ৰাথমিক পদাৰ্থ বিজ্ঞানৰ অধ্যয়নক ক্ষতিগ্ৰস্ত কৰাৰ আশংকা আছে। একাংশই যুক্তি দৰ্শায় যে বহুবিশ্বৰ ধাৰণাটো বৈজ্ঞানিক অনুমানৰ পৰিৱৰ্তে দৰাচলতে এটা দাৰ্শনিক ধাৰণাহে। কাৰণ ইয়াক প্ৰায়োগিকভাৱে মিথ্যা প্ৰমাণিত কৰিব নোৱাৰি। মিথ্যাপ্ৰতিপাদনযোগ্যতা বৈজ্ঞানিক পদ্ধতিৰে এটা অংশ, যাৰ দ্বাৰা এটা তত্ত্বক বৈজ্ঞানিক পৰীক্ষাৰ জৰিয়তে নাকচ কৰিব পাৰি। প'ল ষ্টেইনহাৰ্ডটৰ এটা জনপ্ৰিয় যুক্তি আছে যে, যদি এটা তত্ত্বৰ জৰিয়তে আটাইবোৰ সম্ভাব্য ফলাফল আহৰণ কৰিব পাৰি, তেন্তে সেইটো তত্ত্বক কোনো পৰীক্ষাই নাকচ কৰিব নোৱাৰে। ২০০৭ চনত, ন'বেল-বিজয়ী ষ্টিভেন ৱেনবাৰ্গে এটা পৰামৰ্শ আগবঢ়ায়। তেওঁ কয় যে-যদিহে বহুবিশ্বৰ সঁচাকৈয়ে অস্তিত্ব আছে, তেন্তে বিগ বেঙত আমি পৰ্যবেক্ষণ কৰা মানপ্ৰাপ্ত আৰ্হিটোৰ কোৱাৰ্ক ওজন আৰু আনবোৰ ধ্ৰুৱকৰ সঠিক মানৰ যৌক্তিক ব্যাখ্যা লাভ কৰাৰ আশাটো নিৰ্বাপিত হ'ব। কাৰণ সেইবোৰৰ মান আমি বাস কৰা বহুবিশ্বখনৰ এক বিশেষ অংশৰ দুৰ্ঘটনাৰ নিচিনাহে হ'ব ধাৰণাটোৰ ইতিহাস অসীম বিশ্বৰ ধাৰণাটোৰ সম্বন্ধে সৰ্বপুৰণি দৃষ্টান্তটো পোৱা যায় প্ৰাচীন গ্ৰীক দৰ্শনৰ পৰমাণুবাদত এই ধাৰণাটোৰ মতে, পৰমাণুৰ সংঘৰ্ষৰ জৰিয়তে অসীম সমান্তৰাল বিশ্বৰ উৎপত্তি হৈছে। খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত দাৰ্শনিক ক্ৰিচিপাছে এইবুলি কয় যে, বিশ্বখনৰ চিৰকাল লয় আৰু পুনৰ-উৎপত্তি হৈ থাকে; যিয়ে সময়জুৰি থকা বহুতো বিশ্বৰ অস্তিত্বৰ ইংগিত দিয়ে। ১৯৫২ চনৰ ডাবলিনত, আৰৱিন শ্ৰুডিঙগাৰে এটা বিশেষ বক্তৃতা প্ৰদান কৰিছিল। বিশেষ প্ৰসংগটোৰ উল্লেখ কৰাৰ পূৰ্বে তেওঁ দৰ্শকক উদ্দেশ্যি একধৰণৰ আমোদজনক সতৰ্কবাণী প্ৰদান কৰিছিল যে, তেওঁ ক'বলৈ ওলোৱা কথাটো হয়তো "উন্মাদৰ দৰে" লাগিব পাৰে। তাৰপিছত তেওঁ কৈছিল যে,-তেওঁৰ সমীকৰণবোৰে বহুতো বৈসাদৃশ্যপূৰ্ণ ইতিহাসৰ বিষয়ে ব্যাখ্যা কৰা যেন লাগিছে। এইবোৰ কিন্তু "বৈকল্পিক নহয়, তাৰ পৰিৱৰ্তে সকলোবোৰেই সমসাময়িক ক্ষেত্ৰতেই" ঘটে এনেধৰণৰ দ্বৈৰ্থবাদক বুলি কোৱা হয়। ১৮৯৫ চনত আমেৰিকান দাৰ্শনিক আৰু মনোবিজ্ঞানী উইলিয়াম জেমছে সঘনাই "বহুবিশ্ব" পৰিভাষাটো ব্যৱহাৰ কৰিছিল; অৱশ্যে এক বেলেগ প্ৰসংগতহে তেওঁ সেই পৰিভাষাৰ উল্লেখ কৰিছিল। কল্পকাহিনীত এই পৰিভাষাটো পোনপ্ৰথমবাৰৰ বাবে মাইকেল মৰকুকে ব্যৱহাৰ কৰিছিল। বহুবিশ্বৰ বৰ্তমানৰ প্ৰচলিত ধাৰণাটোক তেওঁ ১৯৬৩ চনত লিখা কল্পবিজ্ঞানধৰ্মী অভিযানমূলক উপন্যাস ত ব্যৱহাৰ কৰিছিল। উল্লেখ্য যে, সেই উপন্যাসখন তেওঁৰ দ্বাৰা লিখিত "ইটাৰনেল চেম্পিয়ন" ধাৰাবাহিকৰে এটা খণ্ড আছিল। প্ৰমাণৰ সন্ধান ২০১০ চনৰ ওচৰে-পাজৰে ষ্টিফেন এম. ফিনেইৰ দৰে একাংশ বিজ্ঞানীয়ে ()-ৰ কিছুমান ডাটা বিশ্লেষণ কৰে। তেওঁলোকে তাৰপিছত দাবী তোলে যে-সুদূৰ অতীতত কোনো সমান্তৰাল ব্ৰহ্মাণ্ডৰ সৈতে আমাৰখন ব্ৰহ্মাণ্ডৰ সংঘৰ্ষ হৈছিল। তেওঁলোকে সেই সংঘৰ্ষৰ প্ৰমাণ আহৰণ কৰা বুলি কয়। অৱশ্যে নামৰ একেটা সঁজুলিৰে ডাটা পুনৰীক্ষণ কৰি আৰু তকৈও তিনিগুণে বৃহৎ আকাৰৰ প্লেংক নামৰ কৃত্ৰিম উপগ্ৰহটো পৰ্যবেক্ষণ কৰি এই সিদ্ধান্তলৈ অহা যায় যে, তেনেধৰণৰ সংঘৰ্ষত জড়িত হোৱা ব্ৰহ্মাণ্ডৰ সমৰ্থনত পাৰিসংখ্যিকভাৱে শক্তিশালী কোনো প্ৰমাণ এতিয়াও উপলব্ধ হোৱা নাই। ইয়াৰ লগতে সংযোজন কৰিব লাগিব যে, আমাৰ ব্ৰহ্মাণ্ডখনৰ ওপৰত ক্ৰিয়া কৰি থকা অইন ব্ৰহ্মাণ্ডৰ কোনোধৰণৰ মহাকৰ্ষণিক টানৰো এতিয়ালৈকে প্ৰমাণ পোৱা নাই। তথ্যসংগ্ৰহ পদাৰ্থ
2314
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A6%BF%E0%A7%B1%E0%A6%B8%E0%A6%BE%E0%A6%97%E0%A7%B0
শিৱসাগৰ
শিৱসাগৰ অসমৰ শিৱসাগৰ জিলাৰ এখন গুৰুত্বপূৰ্ণ নগৰ আৰু জিলা সদৰ। আহোম ৰাজত্ব কালত নিমাৰ্ণ কৰা বিভিন্ন কীৰ্তিচিহ্ন নগৰ তথা সমগ্ৰ শিৱসাগৰ জিলাতে আছে। ই গুৱাহাটীৰ উত্তৰ-পূবে প্ৰায় ৩৬০ কিলোমিটাৰ (২২৪ মাইল) দূৰৈত অৱস্থিত। চহৰখনক দিহিং বৰ্ষাৰণ্যই আৱৰি ৰাখিছে য’ত দিহিং আৰু লোহিত নৈ মিলি যায়। নামৰ উৎপত্তি শিৱসাগৰ নামটো নগৰখনত থকা শিৱসাগৰ পুখুৰীৰ পৰাই উৎপত্তি হৈছে। স্বৰ্গদেও ৰুদ্ৰসিংহৰ মৃত্যুৰ পিছত তেওঁৰ বৰপুত্ৰ শিৱসিংহ ৰাজসিংহাসনত বহে। সিংহাসনত বহি চাৰি গৰাকী কুঁৱৰী থকাৰ পিছতো স্বৰ্গদেও শিৱসিংহই চিনাতলীয়া নটৰ জীয়েক ফুলমতী বা ফুলেশ্বৰীক পৰ্বতীয়া কুঁৱৰী কৰি আনে। ৰজাৰ কুঁৱৰী হৈ ফুলমতীয়ে নাম ললে প্ৰমথেশ্বৰী। ফুলেশ্বৰী কুঁৱৰী কেৱল সুন্দৰীয়ে নাছিল, আছিল অতিকৈ বুদ্ধিমতী আৰু উচ্চাভিলাষী। ৰাজ্যাভিষেক হোৱাৰ ছমাহ নৌহওঁতে 'ছত্ৰভঙ্গ যোগ' পৰাৰ চেলু উলিয়াই স্বৰ্গদেওক ৰাজকাৰ্যৰ পৰা অব্যাহতি দিয়ালে আৰু সোণ-ৰূপৰ মোহৰ মৰাই নিজে বৰৰজা হ'ল। সন্তান প্ৰসবৰ সময়ত ফুলেশ্বৰী কুৱঁৰীৰ মৃত্যু হয়। ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পিছত তেওঁৰে ভনীয়েক দ্ৰৌপদীক স্বৰ্গদেৱে বিয়া কৰায়। ৰাণী হৈ দ্ৰৌপদীয়ে অম্বিকা নাম ল'লে। এইবাৰ বৰৰজা হ'ল অম্বিকা। বৰৰজা হৈ অম্বিকাই স্বামী শিৱসিংহৰ নামত এটা পুখুৰী খন্দায় আৰু তাৰ পাৰত দৌল নিৰ্মাণ কৰায়। এই পুখুৰীটোৱে হ'ল শিৱসাগৰ পুখুৰী। আহোম শাসনৰ প্ৰশাসনীয় কেন্দ্ৰ আছিল ৰংপুৰ নগৰ। কাৰেংঘৰক কেন্দ্ৰ কৰি চৌপাশৰ অঞ্চলটোৱে আছিল তাহানিৰ ৰংপুৰ। বৃটিছসকল আহি প্ৰথমে শিৱসাগৰ পুখুৰীৰ আশে-পাশে এই অঞ্চলৰ প্ৰশাসনীয় কেন্দ্ৰ স্থাপন কৰিছিল। তেনেকৈয়ে কলঞ্চুপাৰ বুলি জনাজাত ঠাইখন লাহে লাহে শিৱসাগৰ নামেৰে পৰিচিত হয়। ভৌগোলিক বিৱৰণ জনগাঁথনি ২০১১ চনৰ লোকপিয়ল অনুসৰি শিৱসাগৰৰ জনসংখ্যা আছিল ৫০,৭৮১ গৰাকী য’ৰ ২৬,৯২৫ গৰাকী পুৰুষ আৰু ২৩,৮৫৬ গৰাকী মহিলা। শিৱসাগৰৰ গড় সাক্ষৰতাৰ হাৰ হ’ল ৮০.৪১%। পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমে ৮৫.৮৪% আৰু ৭৪.৭১%। যাতায়ত শিৱসাগৰ জিলাৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। এই পথটোৱে চুইযোৱা প্ৰধান ঠাইবোৰ হ'ল- জাঁজী, শিৱসাগৰ আৰু মৰাণ। গদাধৰ সিংহই নিৰ্মাণ কৰি থৈ যোৱা ধোদৰ আলি জিলাখনৰ অন্যতম প্ৰধান পথ। এই পথটোৱে নামতি, নাজিৰা, শিমলুগুৰি, সোণাৰি আদি ঠাই চুই গৈছে। জিলাখনত মুঠ ৰেলপথৰ দৈৰ্ঘ্য ১৫৩ কিঃমিঃ। প্ৰধান ষ্টেচন শিমলুগুৰি। শিমলুগুৰিৰ পৰা এটা শাখা ৰেলপথ ডিব্ৰুগড়লৈ সম্প্ৰসাৰণ ঘটোৱাৰ পাছত দেশৰ অন্যান্য অংশৰ সৈতে শিৱসাগৰ আৰু মৰাণ নগৰ ৰেলৰ দ্বাৰা সংযোজিত হৈছে। পৰ্যটন শিৱসাগৰ জিলাত আহোম স্বৰ্গদেউসকলৰ দিনত খন্দা ডাঙৰ ডাঙৰ পুখুৰী আৰু তাৰ কাষত নিৰ্মাণ কৰা দ’ল দেৱালয়ৰে ভৰপূৰ এখন ঐতিহাসিক চহৰ। ইংৰাজী ১৭৩৪ চনত ৰানী অম্বিকাই কলুঞ্চপাৰ (পুৰণি শিৱসাগৰ জিলাৰ নাম) শিৱ দেৱতাৰ নামত উৎসৰ্গা কৰি এটা পুখুৰী খন্দাইছিল। শিৱদেৱতাৰ নামত উৎৰ্সগা কৰাৰ বাবে পুখুৰীটোৰ নাম ৰাখে শিৱসাগৰ। শিৱসাগৰ পুখুৰীটোৰ দক্ষিণ পাৰে তিনিটা দ'ল আছে। তাৰ ভিতৰত শিৱদৌলটোয়েই সৰ্ববৃহৎ। শিৱদৌলৰ পূৱে বিষ্ণু দ’ল আৰু পশ্চিমে দেবী দ’ল। শিৱদৌলত শিৱৰাত্ৰিৰ দিনা ডাঙৰ মেলা হয়। শিৱদৌলত এইটোয়েই ডাঙৰ উৎসৱ। দেৱীদ’লত দুৰ্গাপূজাৰ দিনা প্ৰতিমা সজাই পূজা পতা হয়। আনহাতে বিষ্ণুদ’লৰ ফালে ৪ কিলোমিটাৰমান গ’লে পথৰ সোঁফালে এটা দেউঘৰ পোৱা যায়। ইয়াক বৰ্তমান হৰগৌৰী মন্দিৰ বুলি জনা যায়। শিৱসাগৰ নগৰৰ পৰা দুই কিঃমিঃ দক্ষিণে পুৰনি ৰংপুৰ নগৰৰ অস্তিত্ব বিৰাজমান। আহোম ৰাজ্যৰ একালৰ ৰাজধানী আৰু ইতিহাস প্ৰসিদ্ধ তলাতল ঘৰো ইয়াতেই আছিল। আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দিনতেই তলাতল ঘৰতো নিৰ্মাণ কৰা হৈছিল (১৬৯৮-১৭১৪)। ইয়াক মাটিৰ তলৰ দুৰ্গ ও বোলা হৈছিল। উল্লেখযোগ্য যে তলাতল ঘৰৰ যি সাতোটা মহল আছিল তাৰ মাটিৰ তলৰমহলাৰ পৰা দিখৌ নদী আৰু গড়গাঁৱৰ কাৰেংঘৰলৈ দুটা সুৰংগ আছিল। প্ৰাকৃতিক দূযোৰ্গৰ বাবে এই পথটো বন্ধ হৈ যায়। তলাতল ঘৰৰ পৰা পশ্চিমে কিছু কিঃমিঃ গ’লেই ৰংঘৰতো অৱস্থিত। ই এটা আঠকোনীয়া দুমহলীয়া ঘৰ। স্বৰ্গদেউ প্ৰমত্তসিংহই (১৭৪৪-৫১) পশুযুঁজ তথা বিভিন্ন অনুষ্ঠান চাবৰ বাবে নিৰ্মাণ কৰিছিল। তলাতল ঘৰৰ পৰা কিছুদূৰত দক্ষিণে আছে ৰংগনাথ দ’ল। স্বৰ্গদেও ৰুদ্ৰসিংহই ১৭০৩ চনত এই দ’ল সজাইছিল। এই দ’লত স্বৰ্গদেউৱে শিৱপূজা কৰিছিল। ৰংগনাথ দ’লৰ কাষতে দক্ষিণ পশ্চিমে থকা কেইবাটাও খটখটিৰে মৈদাম আকৃতিৰ যি ধ্বংসাৱশেষ আছে সেয়া হ’ল “ফাকুৱাদ’ল”। কথিত আছে যে ৰুদ্ৰসিংহই তেওঁৰ মাক সতী জয়মতীৰ এখনি সোনৰ প্ৰতিমা সাজি দিয়ে। ফাকুৱা দ’লৰ পৰা পৰা অলপ আঁতৰত অৱস্থিত (উত্তৰে) হৰগৌৰী দেৱালয়। এই দ’লটি ৰাজেশ্বৰ সিংহৰ দিনত সজোৱা হয়। কীৰ্তিচন্দ্ৰ ৰবৰুৱাই ৰহাৰ পৰা মণিপুৰী আৰু কছাৰী ৰজাক লৈ উভতি আহি থাকোঁতে পৰ্বতত হৰ গৌৰীৰ মূৰ্ত্তি এজনা পায়, মূৰ্ত্তিজনা স্থাপন কৰিবলৈ এই দ’ল সজাই। ৰংগনাথ দ’লৰ পূবে আছে গৰুদ’ল। ইয়াৰ আন এটা নাম “ন গোঁসাই দ’ল। ন গোঁসাইদ’ল দক্ষিণফালে অৱস্থিত জয়সাগৰ পুখুৰী আৰু জয়দৌল। লাই ৰুদ্ৰসিংহ স্বৰ্গদেৱে মাক জয়মতীৰ স্মৃতি ৰক্ষাৰ্থে জেৰেঙা পথাৰত ১৬১৯ শকৰ আঘোন মাহৰ তিনিদিন যোৱাত জয়সাগৰ পুখুৰী খান্দিবলৈ আৰম্ভ কৰে। ১৭৯৮ চনত জয়সাগৰৰ পাৰত পঞ্চদেৱতাৰ পাচোঁটা মন্দিৰ নিৰ্মাণ কৰে। ইয়াৰ ভিতৰত জয়দৌল শ্ৰেষ্ঠ। জয়দৌলৰ আন এটা নাম শ্ৰীকেশৱৰায় বিষ্ণু দৌল। জয়দৌলৰ দক্ষিণৰ পঁকী ঘৰটো ভোগ ঘৰ। জয়সাগৰৰ উত্তৰ পশ্চিম চুকত দেৱীদ’ল অৱস্থিত। জয়সাগৰ পুখুৰীৰ পশ্ছিমপাৰত এটি দ’ল আছে ঘনশ্যাম দ’ল। কাৰেংঘৰৰ নিৰ্মাণ কৰোঁতা বঙালী মুছলমান সম্প্ৰদায়ৰ ঘনশ্যামউদিনৰ ঘৰ। পিছলৈ তেওঁ হিন্দু ধৰ্মত দীক্ষা গ্ৰহণ কৰিছিল। শিৱসাগৰ চহৰৰ পৰা ১২ কিঃমিঃ পশ্চিমত নামডাং নৈৰ ওপৰত থকা এই শিলৰ সাঁকো ১৭০৩ চনত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰিছিল। নগা পাহাৰৰ পৰা শিল সংগ্ৰহ কৰি আনি কাটিবৰ বাবে আহোমযুগত "শিলাকুটি" নামৰ খেলৰ সৃষ্টি হৈছিল। শিৱসাগৰ জিলাত থকা শিলাকুটি মৌজাই এতিয়াও তাৰ স্বাক্ষৰ বহন কৰিছে। এই সাঁকো খনৰ দৈৰ্ঘ্যতা প্ৰায় ২০০ ফুট। শিলৰ সাঁকো নিৰ্মাণত থলুৱা কৃষিজাত সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল। নিৰ্দিষ্ট অনুপাতত মিঠাতেল, শন, ধূনা, গুৰ, চূন, মাটিমাহ, বৰাচাউল, হাঁহকণী আদি মিহলাই কৰাল বনাই সাঁকো তৈয়াৰ কৰিছিল। জয়সাগৰৰ পৰা ৪ কিঃমিঃ পূবে বগীদ'ল অৱস্থিত। স্বৰ্গদেউ লক্ষ্মীসিংহৰ মাকে এই পুখুৰী খন্দাই পাৰত দ’ল নিৰ্মাণ কৰিছিল। এই গৰাকী ৰাজমাওৰ নাম আছিল বগী। তেখেতৰ নামৰেই এই দ’লটিৰ নাম বগীদ’ল ৰখা হয়। জয়সাগৰৰ পূবফালে খৰিকটীয়া আলিয়েদি ২ কিঃমিঃ আতঁৰত লখিমীসাগৰ পুখুৰী আৰু তাৰ পাৰত দুটা দ’ল পোৱা যায়। এই দুটা দ’লক বৰপাত্ৰ দ’ল বুলি কোৱা হয়। নাচনী ছোৱালী ফুলমতীক শিৱসিংহই ৰাণী আৰু বৰৰজা পতাৰ পিছত তেওঁ নিজ প্ৰভাৱেৰে বহুতো কাম কৰিছিল। ৰাণী ফুলেশ্বৰীয়ে ভায়েক হৰিনাৰায়নক বৰপাত্ৰগোহাঁই পাতিলে। তেৱেঁই লখিমীসাগৰ খন্দাই আৰু দুটা দ’ল বন্ধাইছিল। ইয়াৰে এটা জগদ্ধাত্ৰী দ'ল আনটো বৰপাত্ৰ দ’ল নামে জনা যায়। চিত্ৰ ভঁৰাল তথ্য সংগ্ৰহ বাহ্যিক সংযোগ অসমৰ নগৰ-মহানগৰ শিৱসাগৰ
69247
https://as.wikipedia.org/wiki/%E0%A6%8F%E0%A6%A8%27%E0%A7%B0%E0%A7%87%E0%A6%95%E0%A7%8D%E0%A6%B8%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%A8%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AD%27%E0%A6%9B%E0%A6%BE
এন'ৰেক্সিয়া নাৰ্ভ'ছা
এন'ৰেক্সিয়া নাৰ্ভ'ছা বা এন'ৰেক্সিয়া হৈছে এক খাদ্যাভাসৰ বিকাৰ, যাৰ বিশেষত্ব হৈছে কম ওজন, খাদ্যৰ সীমাবদ্ধতা, ওজন বৃদ্ধি হোৱাৰ ভয় আৰু ক্ষীণ হোৱাৰ তীব্ৰ আকাংক্ষা। এনোৰেক্সিয়া থকা বহুলোকে নিজকে অধিক ওজনৰ বুলি বিবেচনা কৰে যদিও তেওঁলোকৰ ওজন প্ৰকৃততে কম। তেওঁলোকৰ ওজন প্ৰয়োজনতকৈয়ো বহুত কম লেও প্ৰায়ে তেওঁলোকে অস্বীকাৰ কৰে যে তেওঁলোকৰ ওজন কম। তেওঁলোকে সঘনাই নিজৰ দেহৰ ওজন জোখে, কম পৰিমাণে খায় আৰু কেৱল কিছুমান খাদ্যহে খায়। কিছুমানে অত্যধিক ব্যায়াম কৰে আৰু নিজকে বমি কৰাবলৈ বাধ্য কৰে, বা ওজন হ্ৰাস কৰিবলৈ ৰেচক ব্যৱহাৰ কৰে। এই বিকাৰৰ জটিলতাবোৰৰ ভিতৰত অন্তৰ্ভুক্ত থাকিব পাৰে অষ্টিওপোৰোচিছ, বন্ধ্যাত্ব আৰু হৃদযন্ত্ৰৰ ক্ষতি। ইয়াৰ ফলত মহিলাসকলৰ ঋতুস্ৰাৱ বন্ধ ব পাৰে। চৰম ক্ষেত্ৰত, এন'ৰেক্সিয়া থকা লোক যিসকলে যেতিয়া নিৰন্তৰভাৱে স্বাভাৱিক বা নিয়মীয়া আহাৰ গ্ৰহণ আৰু ওজন পুনৰুদ্ধাৰ অস্বীকাৰ কৰে, তেতিয়া মনোৰোগ বিশেষজ্ঞসকলে তেওঁলোকক সিদ্ধান্ত লোৱাত অক্ষম বুলি ঘোষণা কৰে। এনেক্ষেত্ৰত তেওঁলোকৰ পিতৃ-মাতৃ বা অভিভাৱকক তেওঁলোকৰ বাবে সিদ্ধান্ত ল'বলৈ কোৱা হয়। কিছুক্ষেত্ৰত তেওঁলোকক নেচোগেষ্ট্ৰিক টিউবৰ জৰিয়তে বলপূৰ্বকভাবে আহাৰ খুৱাই দিয়া হয়। এন'ৰেক্সিয়া নাৰ্ভ'ছাৰ মূল কাৰণ বৰ্তমান অজ্ঞাত। এই বিকাৰ ভ্ৰাতৃত্বপূৰ্ণ যমজ সন্তানতকৈ অধিক সদৃশ যমজ সন্তানৰ ওপৰত সঘনাই প্ৰভাৱিত হোৱা দেখা যায়। ইয়াত সামাজিক আৰু সাংস্কৃতিক কাৰকবোৰেও এক ভূমিকা পালন কৰা দেখা যায়। যিবোৰ সমাজে ক্ষীণ দেহক বেছি গুৰুত্ব দিয়ে, তেনে সমাজত এই ৰোগৰ হাৰ অধিক দেখা যায়। ইয়াৰ উপৰিও, উচ্চ-স্তৰৰ এথলেটিকছ, মডেলিং আৰু নৃত্যৰ দৰে ক্ষেত্ৰ ক্ষীণ দেহক গুৰুত্ব দিয়া কাৰ্যকলাপৰ সৈতে জড়িত লোকসকলৰ মাজত ই সচৰাচৰ অধিক হয়। এন'ৰেক্সিয়া প্ৰায়ে এক গুৰুত্বপূৰ্ণ জীৱনৰ পৰিৱৰ্তনৰ ফলত বা চাপ সৃষ্টিকাৰী ঘটনাৰ ফলত আৰম্ভ হোৱা দেখা যায়। এই ৰোগ নিৰ্ণয়ৰ বাবে যথেষ্ট কম ওজনৰ প্ৰয়োজন। এই ৰোগৰ তীব্ৰতা শৰীৰৰ ভৰ সূচকৰ (বিএমআই) ওপৰত আধাৰিত। যেনে 17-তকৈ অধিক বিএমআই- "মৃদু", 16ৰ পৰা 17 বিএমআই- "মজলীয়া", 15ৰ পৰা 16 বিএমআই- "গুৰুতৰ", আৰু 15-তকৈ কম বিএমআই- "চৰম" পৰ্য্যায় বুলি ধৰা হয়। লক্ষণ আৰু উপসৰ্গ এন'ৰেক্সিয়া নাৰ্ভ'ছাৰ বিশেষত্ব হৈছে অনাহাৰ নোভোগালৈকে ওজন হ্ৰাস কৰাৰ প্ৰয়াস। এই বিকাৰ থকা ব্যক্তিয়ে কেইবাটাও লক্ষণ প্ৰদৰ্শন কৰিব পাৰে, যাৰ প্ৰকাৰ আৰু তীব্ৰতা পৃথক হ'ব পাৰে আৰু সহজে স্পষ্ট বও পাৰে। এনে স্ব-আৰোপিত অনাহাৰৰ ফলত হোৱা পুষ্টিহীনতাই শৰীৰৰ প্ৰতিটো মুখ্য অঙ্গ প্ৰণালীত জটিলতাৰ সৃষ্টি কৰিব পাৰে। হাইপোকালেমিয়া (তেজত পটাছিয়ামৰ স্তৰ হ্ৰাস হোৱা) এনোৰেক্সিয়া নাৰ্ভোছাৰ লক্ষণ। পটাছিয়ামৰ যথেষ্ট হ্ৰাসৰ ফলত হৃদযন্ত্ৰৰ অস্বাভাৱিক ছন্দ, কোষ্ঠকাঠিন্য, ভাগৰ, পেশীৰ ক্ষতি আৰু পক্ষাঘাত হ'ব পাৰে। লক্ষণবোৰ তলত দিয়া ল- বয়স আৰু উচ্চতাৰ অনুপাতে নিম্ন শৰীৰৰ ভৰ সূচক (বি এম আই)। এমেনোৰিয়া- দীৰ্ঘদিনীয়া ওজন হ্ৰাসৰ ফলত হোৱা এক লক্ষণ; ঋতুস্ৰাৱ বন্ধ হোৱা, চুলি আৰু ছাল অস্বাস্থ্যকৰ হোৱা। সামান্যও ওজন বৃদ্ধি হোৱাৰ ভয়; ওজন বৃদ্ধি বা "অধিক ওজন" হোৱাৰ ভয়ত সকলো সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰা। দ্ৰুত, নিৰন্তৰ ওজন হ্ৰাস। লানুগো: মুখ আৰু শৰীৰৰ ওপৰত কোমল, সূক্ষ্ম চুলি গজা। কেলৰি গণনা কৰা আৰু খাদ্যৰ চৰ্বিৰ সামগ্ৰী নিৰীক্ষণ কৰাৰ এক আসক্তি। খাদ্য, ৰেচিপি, বা ৰন্ধনৰ সৈতে ব্যস্ততা; আনৰ বাবে বিস্তৃত ৰাতিৰ আহাৰ ৰান্ধিব পাৰে, কিন্তু নিজে খাদ্য নাখাব বা অতি কম অংশ গ্ৰহণ নকৰিব। কম ওজনৰ বা স্বাস্থ্যকৰ ওজনথকা স্বত্বেও খাদ্যৰ সীমাবদ্ধতা। খাদ্যৰ ৰীতি-নীতি, যেনে খাদ্যসৰু টুকুৰাত কাটি দিয়া, আনৰ চাৰিওফালে খাবলৈ অস্বীকাৰ কৰা আৰু খাদ্য লুকুৱাই ৰখা বা পেলাই দিয়া। পাৰ্জিং: খোৱাৰ পিছত দেহৰ পৰা খাদ্যবোৰ বাহিৰলৈ যাবলৈ ৰেচক, ডায়েট পিল, আইপেকাক চিৰাপ, বা পানীৰ বড়ি ব্যৱহাৰ কৰা বা স্ব-প্ৰেৰিত বমিত লিপ্ত হোৱা (যদিও স্ব-প্ৰেৰিত বমিত বুলিমিয়াৰ অধিক সচৰাচৰ লক্ষণ)। অত্যধিক ব্যায়াম লগতে মাইক্ৰ'ব্যায়াম, উদাহৰণ স্বৰূপে আঙুলি বা ভৰিৰ আঙুলিৰ নিৰন্তৰ চলাচল কৰাই থকা। ঠাণ্ডাৰ প্ৰতি অসহিষ্ণুতা আৰু ঠাণ্ডা হোৱাৰ সঘনাই অভিযোগ; পুষ্টিহীনতাৰ বাবে শক্তি সংৰক্ষণৰ প্ৰচেষ্টাত শৰীৰৰ তাপমাত্ৰা হ্ৰাস হোৱা (হাইপোথাৰ্মিয়া)। দীৰ্ঘম্যাদী ক্লান্তি কাৰণসমূহ যদিও জৈৱিক, মানসিক, বিকাশমূলক সামাজিক আৰু সাংস্কৃতিক বিপদাশংকাৰ কাৰকৰ প্ৰমাণ আছে, কিন্তু সম্পূৰ্ণ সঠিক কাৰণ অজ্ঞাত। আনুবংশিক প্ৰভাৱ এন'ৰেক্সিয়া নাৰ্ভ'ছা অত্যন্ত আনুবংশিক। যমজ শিশু অধ্যয়নত 28 ৰ পৰা 58% ৰ ভিতৰত হাৰ দেখা গৈছে। এনোৰেক্সিয়া থকা লোকসকলৰ প্ৰথম ডিগ্ৰী আত্মীয়ৰ এনোৰেক্সিয়া হোৱাৰ আশংকা প্ৰায় 12 গুণ। অধ্যয়ন কৰি পোৱা গৈছে যে খোৱাৰ আচৰণ, অনুপ্ৰেৰণা, উপযুক্ত পুৰস্কাৰ, ব্যক্তিত্বৰ বৈশিষ্ট্য আৰু আৱেগৰ নিয়ন্ত্ৰণ কৰা জিনসহ 43টা জিনৰ সৈতে 128টা বিভিন্ন বহুৰূপবাদ ইয়াৰ লগত জড়িত। মিডিয়া প্ৰভাৱ সামাজিক মাধ্যম )ৰ নিৰন্তৰ সংস্পৰ্শলৈ অহাটো শৰীৰৰ অসন্তুষ্টি আৰু এনোৰেক্সিয়া নাৰ্ভোছাৰ বাবে বিপদাশংকাৰ কাৰক হ'ব পাৰে। শৰীৰৰ আকৃতিৰ ওপৰত গঢা সাংস্কৃতিক আদৰ্শ যেনে ক্ষীণ শৰীৰৰ মহিলা আৰু এথলেটিক, ভি-আকৃতিৰ পেশীবহুল শৰীৰৰ পুৰুষৰ পক্ষপাতী হৈ আছে। 2002 চনৰ এক সমীক্ষাত দেখা গৈছিল যে, 18 ৰ পৰা 24 বছৰ বয়সৰ লোকসকলৰ মাজত আটাইতকৈ জনপ্ৰিয় আলোচনীবোৰৰ ভিতৰত, বিশেষকৈ পুৰুষে পঢ়া আলোচনীবোৰত, আহাৰতকৈ আকৃতিৰ ওপৰত বিশেষ গুৰুত্ত দিয়া হৈছিল। শৰীৰৰ আকৃতিৰ প্ৰতি অসন্তুষ্টি হৈছে এন'ৰেক্সিয়া নাৰ্ভ'ছাৰ বিপদাশংকাৰ কাৰক যি পুৰুষ আৰু মহিলা উভয় জনসংখ্যাৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ
51482
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%A8%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A3%20%E0%A6%B6%E0%A6%BE%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80
বিশ্বনাৰায়ণ শাস্ত্ৰী
বিশ্বনাৰায়ণ শাস্ত্ৰী আছিল একাধাৰে ৰাজনীতিক, পণ্ডিত, প্ৰশাসক, শিক্ষাবিদ আদি। তেওঁ সংস্কৃতত উপন্যাস লিখা আধুনিক অসমৰ একমাত্ৰ ঔপন্যাসিক। অবিনাশী(১৯৮৬) নামৰ সংস্কৃত উপন্যাসৰ বাবে তেওঁ ১৯৮৭ চনৰ সংস্কৃত ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেওঁ ১৯৫৩-৫৮ চনলৈকে নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষও আছিল। তেওঁৰ লিখা মুঠ গ্ৰন্থৰ সংখ্যা ৪০ খন। অন্যহাতে তেওঁ এজন সফল অনুবাদকো আছিল। ইংৰাজী সাহিত্যতো তেওঁ বহুকেইখন গ্ৰন্থ লিখি থৈ গৈছে। হাতেলিখা পাণ্ডুলিপিৰ পৰা উদ্ধাৰ কৰি কালিকাপুৰাণ, কামাখ্যাতন্ত্ৰ আৰু যোগিনীতন্ত্ৰৰ দৰে মূল্যবান সাহিত্য সম্পদ তেওঁ সম্পাদনা কৰি ইংৰাজীত আগকথা আৰু পাদটীকাসহ প্ৰকাশ কৰি থৈ গৈছে। সেইদৰে ইংৰাজীলৈ কালিকাপুৰাণৰ অনুবাদ, অসমীয়ালৈ 'বিমান আৰু হৰ্ষ'ৰ অনুবাদ, উত্তৰ-পূবাঞ্চলৰ জনজাতীয় লোককথাৰ সংকলন আদিও তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ।তেখেতে অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ শিক্ষা বিশ্বনাৰায়ণ শাস্ত্ৰীৰ জন্মৰ নাম হৈছে বিশ্বনাৰায়ণ গোস্বামী। তেওঁৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পানবাৰী গাঁৱত। পিতৃ আছিল পানবাৰীস্থিত দহঘৰীয়া সত্ৰৰ সত্ৰাধিকাৰ স্বৰ্গীয় বেনুকান্ত গোস্বামী। শিক্ষা, সাহিত্য, গৱেষণা আৰু ৰাজনীতিত সমানে সুখ্যাতি লভা ড॰ শাস্ত্ৰীয়ে প্ৰৱেশিকা পৰীক্ষাত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হয়। সংস্কৃতত অভিলেখ নম্বৰ পোৱাৰ লগতে তেওঁ প্ৰৱেশিকাত দুটা বিষয়ত লেটাৰ নম্বৰ পাইছিল। তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত সংস্কৃত আৰু অসমীয়াত অভিলেখনম্বৰসহ প্ৰথম বিভাগত আই এ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। স্নাতক পৰীক্ষাতো তেওঁ ডিষ্টিংছন আৰু সংস্কৃতত অভিলেখ নম্বৰ লাভ কৰে। তাৰ পাছত বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত সাহিত্যত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰে। একে বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ সন্মানীয় ডি-লিট উপাধি লাভ কৰে। তেখেতৰ গৱেষণা গ্ৰন্থৰ নাম ’৷ কৰ্মজীৱন লখিমপুৰ জিলাৰ বিহপুৰীয়াস্থিত লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্বনাৰায়ণ শাস্ত্ৰীয়ে শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁ উক্ত বিদ্যালয়ৰ সংস্কৃত বিষয়ৰ শিক্ষক আছিল, আৰু শিক্ষকতা ত্যাগ কৰি আন্দোলনত সহযোগিতা কৰিছিল। ইয়াৰ পিছত ড॰ শাস্ত্ৰীয়ে কেবাখনো মহাবিদ্যালয়ত অসমীয়া, সংস্কৃত আৰু ভাৰতীয় ইতিহাসৰ প্ৰবক্তাৰূপে কাম কৰে। লখিমপুৰ জিলাৰ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ (১৯৫৩-৫৮) আছিল ড॰ শাস্ত্ৰী। উল্লেখ্য যে বিহপুৰীয়া আৰু নলবাৰীত পৰম্পৰাগত পদ্ধতিৰে তেওঁ সংস্কৃত ভাষা-সাহিত্য আৰু ভাৰতীয় দৰ্শন তথা বৌদ্ধ দৰ্শনৰ চৰ্চা কৰিছিল আৰু তাৰ পাছতহে ক্ৰমে কলকাতা আৰু বাৰাণসীত উচ্চ শিক্ষা লাভ কৰে। তেওঁৰ পাণ্ডিত্যপূৰ্ণ অৱদানৰ স্বীকৃতিস্বৰূপে বিভিন্ন অনুষ্ঠানে সাহিত্য-শাস্ত্ৰী, ব্যাকৰণ-শাস্ত্ৰী, কাব্যতীৰ্থ আদি উপাধি প্ৰদান কৰে। ভাৰতীয় ইতিহাস, দৰ্শন আৰু সংস্কৃতিৰ বিষয়ে দেশ-বিদেশৰ ভালেমান আগশাৰীৰ আলোচনী আৰু গৱেষণা পত্ৰিকাত মূল্যবান নিবন্ধ লিখা ড॰ শাস্ত্ৰীৰ সমানে দখল আছিল অসমীয়া, সংস্কৃত আৰু ইংৰাজী ভাষাত। তেওঁৰ প্ৰকাশিত গ্ৰন্থৰ ভিতৰত ১২খন শিশু সাহিত্য পুথিকে ধৰি মুঠ ৪০খন অসমীয়া ভাষাৰ গ্ৰন্থ আছে। ইংৰাজীত তেওঁৰ দ্বাৰা ৰচিত গ্ৰন্থৰ সংখ্যা চাৰিখন। আন ভালেমান গ্ৰন্থ প্ৰকাশ পাইছে সংস্কৃত ভাষাত। তদুপৰি হাতেলিখা পাণ্ডুলিপিৰ পৰা উদ্ধাৰ কৰি কালিকাপুৰাণ, কামাখ্যাত আৰু যোগিনীতন্ত্ৰৰ দৰে মূল্যবান সাহিত্য সম্পদ তেওঁ সম্পাদনা কৰি ইংৰাজীত আগকথা আৰু পাদটীকাসহ প্ৰকাশ কৰাটো ভাৰতীয় প্ৰাচীন গ্ৰন্থ অধ্যয়নত এক বিশেষ অৱদান হিচাপে স্বীকৃত হৈছে। সংস্কৃত নীতিশিক্ষা সম্ভূত সাহিত্য দৰ্পণৰ অনুবাদো তেওঁৰ আন এক কৃতিত্বৰ পৰিচায়ক। ১১ শতিকাতে কাশ্মীৰৰ পণ্ডিত সোমদেৱে প্ৰণয়ন কৰা সংস্কৃত কাহিনীগ্ৰন্থ কথাসৰি সাগৰৰ অসমীয়া অনুবাদ ড॰ শাস্ত্ৰীৰ আন এক উল্লেখনীয় অৱদান। সেইদৰে ইংৰাজীলৈ কালিকাপুৰাণৰ অনুবাদ, অসমীয়ালৈ বিমান আৰু হৰ্ষৰ অনুবাদ, উত্তৰ-পূবাঞ্চলৰ জনজাতীয় লোককথাৰ সংকলন আদিও বিশেষভাৱে উল্লেখযোগ্য। লখিমপুৰ লোকসভা সমষ্টিৰ পৰা ক্ৰমে ১৯৬৭ আৰু ১৯৭১ ত নিৰ্বাচিত হোৱা ড॰ শাস্ত্ৰীয়ে হ’ল প্ৰথমগৰাকী সাংসদ যি সংস্কৃত ভাষাত লোকসভাত ভাষণ দি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ১৯৪২ত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি তেওঁ কাৰাবাসো খাটিছিল আৰু ব্ৰিটিছ চৰকাৰৰ কোপদৃষ্টিৰ পৰা হাত সাৰিবলৈ আত্মগোপন কৰিবলৈ বাধ্য হৈছিল। তেওঁ লখিমপুৰ জিলা কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক হোৱাৰ উপৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰো সদস্য পদ অলংকৃত কৰে। তেওঁ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰো সদস্য হৈছিল। তদুপৰি বিশেষ অধিকাৰ কমিটী, ৰাজহুৱা হিচাপ কমিটী আদিৰো তেওঁ আছিল সদস্য তথা আহ্বায়ক। চাহ বোৰ্ডৰ সদস্য, প্ৰদেশ কংগ্ৰেছৰ স্বাধীনতা যুঁজাৰু কোষৰ আহ্বায়ক, অসম চৰকাৰৰ মুক্তিযুঁজাৰু উপদেষ্টা। পৰিষদৰ সদস্য ৰূপেও তেওঁ সকলোৰে প্ৰিয়পাত্ৰ আছিল। তদুপৰি তেওঁ ৰাজ্যৰ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ আৰু অসম প্ৰকাশন পৰিষদৰ প্ৰথমগৰাকী সচিব আছিল। উল্লেখনীয় যে, তেওঁ লক্ষীমপুৰ জিলা স্কুল ব'ৰ্ডৰ চেয়াৰমেন পদতো কাৰ্যনিৰ্বাহ কৰিছিল। ৫০ৰ দশকত তেওঁ অসম চৰকাৰৰ বিশেষ শিক্ষা বিষয়াৰূপেও নিযুক্ত হৈছিল। অৱশ্যে দীৰ্ঘকাল কংগ্ৰেছৰ স’তে যুক্ত হৈ থকাৰ পাছত তেওঁ ১৯৯৮ত কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগ দিয়ে আৰু মৃত্যুৰ সময়লৈকে বিজেপিৰ হকে কাম কৰি যায়। আনহাতে, নতুন দিল্লীৰ সাহিত্য অকাডেমিৰ কাৰ্যবাহী কমিটীৰ সদস্যৰূপে তেওঁ ১০ বছৰ কাৰ্যনিবাহ কৰিছিল। নেছনেল বুক ট্ৰাষ্টৰ বিশেষজ্ঞ সমিতিৰ সদস্য, ৰাষ্ট্ৰীয় সংস্কৃত সংস্থানৰ কাৰ্যবাহী সদস্য, কামৰূপ অনুসন্ধান সমিতিৰ সভাপতি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী। পৰিষদৰ সদস্য, হংকঙৰ ‘এছিয়ান ৰিচাৰ্ছ ইনষ্টিটিউট’ৰ ফেলো, নতুন দিল্লীৰ ভাৰতীয় ইতিহাস গৱেষণা পৰিষদৰ ফেলো, গোৰখপুৰৰ নাগাৰ্জুন বৌদ্ধ ফাউণ্ডেছনৰ অধ্যক্ষ পদত থাকি ড॰ শাস্ত্ৰীয়ে অসামান্য বৰঙনি যোগাই গৈছে। ৰাজনীতিবিদ, প্ৰাচ্যতত্ত্ববিদ, ভাৰত বিশাৰদ, ইতিহাসবিদ, দাৰ্শনিক, গৱেষক, সাহিত্যিক আদি বিভিন্ন ভূমিকাত অৱতীৰ্ণ হৈ ড॰ শাস্ত্ৰীয়ে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি অসমৰ লগতে ভাৰতৰো গৌৰৱ বৰ্ধন কৰিছিল। গুৱাহাটী-নতুন দিল্লীৰ পৰা আৰম্ভ কৰি ফ্ৰান্স, জাপান, জাৰ্মানী, আমেৰিকা যুক্তৰাষ্ট্ৰ, ফিলিপাইনছ আদিৰ ভালেমান নগৰ-চহৰত আয়োজিত সন্মিলনত তেওঁ যোগ দিয়ে। বিভিন্ন শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয় আৰু গৱেষণা কেন্দ্ৰত গৱেষণাপত্ৰ পাঠ কৰে। ভাৰত চৰকাৰৰ প্ৰতিনিধি হিচাপে আৰু বিশিষ্ট ব্যক্তি হিচাপে আমন্ত্ৰিত হৈ তেওঁ ইউৰোপৰ প্ৰায়বোৰ দেশৰ উপৰি দক্ষিণ-পূৰ্ব এছিয়া আৰু অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আদি দেশে। ভ্ৰমণ কৰি বৰ্ণাঢ্য অভিজ্ঞতা আহৰণ কৰে। স্মৰ্তব্য যে শিশু সাহিত্য সম্পৰ্কীয় প্ৰতিযোগিতাত ড॰ শাস্ত্ৰীয়ে দুবাৰকৈ ভাৰত চৰকাৰৰ পৰা শ্ৰেষ্ঠতাৰ বঁটা অৰ্জন কৰে। অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনপ্ৰাপ্ত। লেখক হোৱাৰ উপৰি তেওঁ সংস্কৃত ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে। লগতে উত্তৰ প্ৰদেশ সাহিত্য অকাডেমিয়ে প্ৰদান কৰা বাণভট্ট বঁটা, সংস্কৃত ভাষাত লিখিত অবিনাশী নামৰ উপন্যাসখনিৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা, উত্তৰ প্ৰদেশ হিন্দী সংস্থানৰ বঁটা, সংস্কৃতত যোগোৱা বৰঙনিৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি সন্মানীয় চাৰ্টিফিকেট, ভাষা-সাহিত্য-সংস্কৃতিৰ আনন্দৰাম বৰুৱা প্ৰতিষ্ঠান (এবিলাক)-ৰ বঁটা আদি তেওঁ লাভ কৰা সন্মান আৰু পুস্কাৰৰ দীৰ্ঘ তালিকাত অন্যতম সংযোজন। উল্লেখ্য যে ড॰ বিশ্বনাৰায়ণ শাস্ত্ৰী অভ্যৰ্থনা সমিতি, গুৱাহাটীয়ে ১৯৯৭ত তেওঁৰ সন্মানাৰ্থে চাৰিশ পৃষ্ঠাৰ অধিক কলেবৰৰ ৯৫০ টকা দামৰ এখন সুদৃশ্য আৰু সংগ্ৰহযোগ্য সংকলনো প্ৰকাশ কৰে। ভাৰতবিদ্যাসৌভম শীৰ্ষক সংস্কৃত আৰু ইংৰাজীত প্ৰণীত এই দ্বিভাষিক গ্ৰন্থখনিত দেশ-বিদেশৰ ভালেসংখ্যক গৱেষক পণ্ডিতে লিখি পঠিওৱা বিশেষ নিবন্ধ সন্নিৱিষ্ট হৈছিল। সাহিত্যকৃতি 1993, (1995) ভাৰতীয় সভ্যতা আৰু সংস্কৃতি (১৯৬২) সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা (১৯৬৯) ৰামসৰস্বতী, সাহিত্য অকাডেমি (১৯৮১) আনন্দৰাম বৰুৱা (১৯৮৪) অবিনাশী, মঞ্জুশ্ৰী প্ৰকাশন, (১৯৮৬) হৃদয়-সংবাদ-চয়নম, মনোৰমা প্ৰকাশন, (১৯৮৯) সময় ফাউণ্ডেশ্বন অভ ন্যায়-বৈশেষিক ফিল’ছফি (১৯৯৩) মীমাংসা ফিল’ছফি এণ্ড কুমাৰিল ভট্ট (১৯৯৫) সংস্কৃত ষ্টাডিজ ইন আছাম গ্লু দি এজেছ (১৯৯৮) দি কালিকাপুৰাণ (১৯৯৩) সম্পাদিত গ্ৰন্থ পাৰিজাত হৰণ নাট, ১৯৬২ কালিকাপুৰাণ (সম্পা. ১৯৭২) যোগিনীতন্ত্ৰ (সম্পা. ১৯৮৪) কামাখ্যাতন্ত্ৰ (সম্পা. ১৯৮৬) তীৰ্থ কৌমুদী (১৯৯৪) অধ্যাপক কৃষ্ণকান্ত সন্দিকৈ অভিনন্দন গ্ৰন্থ (যুটীয়া) (১৯৮৭) হৰ-গৌৰী সংবাদ (যুটীয়া) (২০০৩) অনুবাদ হৰ্ষ (অনু. ১৯৭২) বেমান (অনু. ১৯৭৫) কথাসৰিৎসাগৰ (অনু. ১৯৮২) আনন্দ লহৰী (অনু. ১৯৮২) কালিকাপুৰাণম ১৯৯১ বঁটা ‘সাহিত্য অকাডেমি বঁটা’, ১৯৮৭ ‘আনন্দৰাম বৰুৱা বঁটা’, ২০০৩ ‘প্ৰাচ্য বিশাৰদ’ ‘দৰ্শন কেশৰী বঁটা’ তথ্যসূত্ৰ অসমৰ ব্যক্তি মৃত ব্যক্তি অসমীয়া সাহিত্যিক অসমীয়া শিক্ষাবিদ অসমৰ ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি লোকসভাৰ সাংসদ অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা
69506
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%95%E0%A7%8D%E0%A6%B8%E0%A6%AB%E0%A7%B0%E0%A7%8D%E0%A6%A1-%E0%A6%8F%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%9C%E0%A7%87%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BE%20%E0%A6%95%27%E0%A6%AD%E0%A6%BF%E0%A6%A1-%E0%A6%A8%E0%A6%BE%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%9F%E0%A6%BF%E0%A6%A8%20%E0%A6%AD%E0%A7%87%E0%A6%95%E0%A6%9B%E0%A6%BF%E0%A6%A8
অক্সফৰ্ড-এষ্ট্ৰজেনেকা ক'ভিড-নাইণ্টিন ভেকছিন
অক্সফৰ্ড-এষ্ট্ৰজেনেকা ক'ভিড-নাইণ্টিন ভেকছিন,() যাক -1222) নাম দিয়া হৈছে আৰু কভিশ্বিল্ড, ভেক্সজেভ্ৰিয়া নামৰ ব্ৰেণ্ডৰ অধীনত বিক্ৰী কৰা হৈছে, কোভিড-১৯ -2) প্ৰতিৰোধৰ বাবে এক ভাইৰেল ভেক্টৰ ভেকছিন। অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু এষ্ট্ৰজেনেকাৰ দ্বাৰা বিকশিত, ইয়াক ইণ্ট্ৰামাস্কুলাৰ বেজীৰ দ্বাৰা প্ৰদান কৰা হয়। প্ৰথম পালিৰ পিছত ২২ দিনৰ পৰা আৰম্ভ হোৱা লক্ষণযুক্ত কোভিড-১৯ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভেকছিনটোৰ কাৰ্যকাৰীতা ৭৬.০% আৰু দ্বিতীয় পালিৰ পিছত ৮১.৩%। ভেকছিনটোৰ এক ভাল সুৰক্ষা প্ৰ'ফাইল আছে, যাৰ পাৰ্শ্বক্ৰিয়াৰ ভিতৰত আছে বেজী দিয়া স্থানৰ বিষ, মুৰৰ বিষ, আৰু ওকালি অহা, সকলোবোৰ সাধাৰণতে কেইদিনমানৰ ভিতৰত সমাধান হয়। অধিক কম সময়তে, এনাফাইলেক্সিছ হ'ব পাৰে (ইউকে ঔষধ আৰু স্বাস্থ্যসেৱা সামগ্ৰী নিয়ামক সংস্থাৰ ১৪ এপ্ৰিল ২০২১ তাৰিখলৈকে প্ৰায় ২১.২ নিযুত টিকাকৰণৰ ভিতৰত ২৬৮টা প্ৰতিবেদন আছে).অতি বিৰল ক্ষেত্ৰত (১০,০০০ লোকৰ ভিতৰত এজনতকৈ কম) ভেকছিনটো নিম্ন পৰিমাণৰ তেজৰ প্লেটলেটৰ সৈতে মিশ্ৰণ কৰি তেজ গোট মৰাৰ বিপদাশংকা বৃদ্ধিহোৱাৰ সৈতে সম্পৰ্কিত হৈ আছে। ইউৰোপীয় ঔষধ সংস্থাৰ মতে ৪ এপ্ৰিল ২০২১ তাৰিখলৈকে, ইউৰোপীয় অৰ্থনৈতিক এলেকা আৰু ইউকেৰ পৰা ২২২টা তেজ গোট মৰাৰ ঘটনা প্ৰতিবেদিত হৈছে, য'ত প্ৰায় ৩৪ নিযুত লোকে ভেকছিন গ্ৰহণ কৰিছে। ৩০ ডিচেম্বৰ ২০২০ তাৰিখে, ভেকছিনটো প্ৰথমে ইউকে টিকাকৰণ কাৰ্যসূচীত ব্যৱহাৰৰ বাবে অনুমোদিত হৈছিল,আৰু পৰীক্ষণৰ বাহিৰত প্ৰথম টিকাকৰণ ৪ জানুৱাৰী ২০২১ তাৰিখে প্ৰদান কৰা হৈছিল। ভেকছিনটো তেতিয়াৰ পৰা বিশ্বব্যাপী কেইবাটাও ঔষধ সংস্থাৰ দ্বাৰা অনুমোদিত হৈছে, যেনে ইউৰোপীয় ঔষধ সংস্থা (ইএমএ),আৰু অষ্ট্ৰেলিয়ান থেৰাপিউটিক সামগ্ৰী প্ৰশাসন,আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা জৰুৰীকালীন ব্যৱহাৰ তালিকাৰ বাবে অনুমোদন জনোৱা হৈছে। কিছুমান দেশে কম বয়সীয়া ব্যক্তিৰ ক্ষেত্ৰত ভেকছিনৰ অতি বিৰল পাৰ্শ্বক্ৰিয়াৰ বিষয়ে উদ্বেগৰ বাবে গুৰুতৰ ক'ভিড-১৯ ৰোগৰ অধিক বিপদাশংকা থকা বৃদ্ধ লোকসকলৰ বাবে ইয়াৰ ব্যৱহাৰ সীমিত কৰিছে। চিকিৎসকীয় ব্যৱহাৰ ১৮ বছৰ বা অধিক বয়সৰ প্ৰাপ্তবয়স্ক লোকৰ ক'ভিড-১৯ প্ৰতিৰোধ কৰাৰ বাবে অক্সফৰ্ড-এষ্ট্ৰজেনেকা ক'ভিড-নাইণ্টিন ভেকছিনটো -2) ভাইৰাছৰ দ্বাৰা সংক্ৰমণৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হয়। ঔষধটো দুটা ০.৫ মিলি পালিৰ দ্বাৰা প্ৰদান কৰা হয় যি বোৰ ডেলটইড পেশীত (বাহুৰ ওপৰৰ অংশ) চাৰিৰ পৰা বাৰ সপ্তাহৰ ব্যৱধানত অন্তঃপেশীৰ দ্বাৰা সুমুৱাই দিয়া হয়, বিশ্ব স্বাস্থ্য সংস্থাই পৰামৰ্শ দিয়ে যে দ্বিতীয়টো সৰ্বোত্তম কাৰ্যকাৰীতাৰ বাবে প্ৰথমটোৰ ৮ ৰ পৰা ১২ সপ্তাহ পিছত দিয়া হয়। কাৰ্যকাৰীতা ১৯ ফেব্ৰুৱাৰী ২০২১ তাৰিখে প্ৰকাশিত এক বিশ্লেষণত প্ৰথম পালিৰ পিছত ২২ দিনৰ পৰা আৰম্ভ হোৱা লক্ষণযুক্ত ক'ভিড-১৯ প্ৰতিৰোধ কৰাত ৭৬.0% কাৰ্যকাৰীতা দেখুওৱা হৈছে, প্ৰথম পালিটোৰ ১২ সপ্তাহ বা অধিক পিছত দ্বিতীয় পালিটো দিয়াৰ সময়ত ৮১.৩% লৈ বৃদ্ধি হয়। ফাৰ্মাকোলজী অক্সফৰ্ড-এষ্ট্ৰজেনেকা ক'ভিড-নাইণ্টিন ভেকছিন হৈছে এক প্ৰতিলিপি-অভাৱযুক্ত চিমিয়ান এডেনোভাইৰাছ ভেক্টৰ, য'ত -2) স্পাইক প্ৰ'টিনৰ সম্পূৰ্ণ দৈৰ্ঘ্যৰ কোডন অনুকূলিত কোডিং ক্ৰম আৰু লগতে টিচ্যু প্লাজমিনোজেন এক্টিভেটৰ (টিপিএ)। নিৰ্মাণ ভেকছিনটোৰ প্ৰতিটো পালিৰ বাবে প্ৰায় $৩ ৰ পৰা $৪ আমেৰিকান ডলাৰ ব্যয় হয়। ২০২০ চনৰ ১৭ ডিচেম্বৰত বেলজিয়ামৰ বাজেট ৰাজ্যিক সচিবৰ এটা টুইটত প্ৰকাশ পাইছিল যে ইউৰোপীয় ইউনিয়নে প্ৰতিটো পালিত €১.৭৮(২.১৬ আমেৰিকান ডলাৰ)পৰিশোধ কৰিব, নিউয়ৰ্ক টাইমছে পৰামৰ্শ দিছিল যে কম মূল্য ইউৰোপীয় ইউনিয়নৰ দ্বাৰা ভেকছিন উৎপাদন আন্তঃগাঁথনিত বিনিয়োগকে ধৰি কাৰকৰ সৈতে সম্পৰ্কিত হ'ব পাৰে। মাৰ্চ ২০২১ লৈকে ভেকছিন সক্ৰিয় পদাৰ্থটো -2) বিশ্বব্যাপী কেইবাটাও স্থানত প্ৰস্তুত কৰা হৈছে, এষ্ট্ৰজেনেকাই ১৫খন দেশত ২৫টা স্থান স্থাপন কৰা বুলি দাবী কৰিছে। ২০২১ চনৰ ২৬ মাৰ্চত -ৰ দ্বাৰা লিডেনৰ হেলিক্স ছাইটটো অনুমোদিত হয়, ইউৰোপীয় ইউনিয়নৰ দ্বাৰা অনুমোদিত আন তিনিটা স্থানত যোগদান কৰে। অন্যান্য স্থানৰ ভিতৰত আছে পুনেৰ চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া। ব্ৰেণ্ডিং ভেকছিনটো ভাৰতীয় চিৰাম ইনষ্টিটিউট )ৰ দ্বাৰা কভিশ্বিল্ড ব্ৰেণ্ড নামৰ অধীনত বিপণন কৰা হয়। ২০২১ চনৰ ২৫ মাৰ্চত ভেকছিনটোৰ নাম সলনি কৰি ইউৰোপীয় ইউনিয়নৰ কৰা হয়। ভেক্সজেভ্ৰিয়া, এষ্ট্ৰজেনেকা ক'ভিড-নাইণ্টিন ভেকছিন, আৰু ক'ভিড-নাইণ্টিন ভেকছিন -19 এষ্ট্ৰজেনেকা )ৰ দ্বাৰা নিৰ্মাণ কৰা হয়। গৱেষণা -1222 বিকাশ দলে ফেব্ৰুৱাৰী ২০২১ লৈকে, নতুন ক'ভিড-১৯ প্ৰকাৰৰ সন্দৰ্ভত ভেকছিনটো অধিক কাৰ্যকৰী হ'বলৈ অভিযোজিত কৰাৰ ওপৰত কাম কৰি আছে; ভেকছিনটো পুনৰ নিৰ্মাণ কৰাটো হৈছে স্পাইক প্ৰ'টিনৰ আনুবংশিক ক্ৰম সলনি কৰাৰ তুলনামূলকভাৱে দ্ৰুত প্ৰক্ৰিয়া। শৰৎ কালত অভিযোজিত ভেকছিন উপলব্ধ হোৱাৰ আগতে নিৰ্মাণ ছেট-আপ আৰু এটা সৰু স্কেল পৰীক্ষণৰ প্ৰয়োজন। তথ্য সংগ্ৰহ
25033
https://as.wikipedia.org/wiki/%E0%A6%9C%E0%A7%80%E0%A6%AC%E0%A6%A8%E0%A6%BE%E0%A6%A8%E0%A6%A8%E0%A7%8D%E0%A6%A6%20%E0%A6%A6%E0%A6%BE%E0%A6%B8
জীবনানন্দ দাস
জীবনানন্দ দাস (জন্ম: ১৭ ফেব্ৰুৱাৰী, ১৮৯৯, বৰিশাল মৃত্যু: ২২ অক্টোবৰ, ১৯৫৮) বিংশ শতাব্দীৰ অন্যতম প্ৰধান আধুনিক বঙালী কবি। তেওঁ বঙালী কাব্যজগতত আধুনিকতাৰ পথ প্ৰদৰ্শকসকলৰ মাজত অগ্ৰগণ্য। মৃত্যুৰ পাছৰ পৰা আৰম্ভ কৰি বিংশ শতাব্দীৰ শেষ ধাপত তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ আৰম্ভ কৰে আৰু ১৯৯৯ চনত যেতিয়া তেওঁৰ জন্ম শতবাৰ্ষিকী পালন কৰা হৈছিল তেতিয়ালৈ তেওঁ বঙালী সাহিত্যৰ জনপ্ৰিয়তম কবিত পৰিণত হৈছিল। তেওঁ প্ৰধানত: কবি হ’লেও বহুসংখ্যক প্ৰবন্ধ-নিবন্ধও ৰচনা আৰু প্ৰকাশ কৰিছিল। ১৯৫৮ চনত অকাল মৃত্যুৰ আগলৈকে গোপনে তেওঁ ১৪খন উপন্যাস আৰু ১০৮টা চুটিগল্প ৰচনা কৰে যিবোৰৰ এটাও জীৱিত অৱস্থাত প্ৰকাশ হোৱা নাছিল। চৰম দৰিদ্ৰতাৰ মাজেৰে তেওঁ জীৱন পাৰ কৰিছিল। বিংশ শতাব্দীৰ শেষৰফালে অতুলনীয়ভাৱে বঙালী কবিতাত তেওঁ প্ৰভাৱ পৰিলক্ষিত হৈছে। ৰবীন্দ্ৰৰ পাছতেই তেওঁ বঙালী ভাষাৰ প্ৰধান কবি হিচাবে সৰ্বসাধাৰণৰ মাজত স্বীকৃত। জীৱন বৃত্তান্ত শৈশৱ জীবনানন্দ দাসৰ জন্ম হয় ১৮৯৯ চনত বাংলাদেশৰ দক্ষিণ প্ৰান্তৰ জিলা চহৰ বৰিশালত। তেওঁৰ পূৰ্বপুৰুষসকল ঢাকা জিলাৰ বিক্ৰমপুৰ পৰগণাৰ নিবাসী আছিল। তেওঁৰ পিতামহ সৰ্বানন্দ দাসগুপ্তই (১৯৩৮-৮৫) বিক্ৰমপুৰৰ পৰা আহি বৰিশালত থিতাপি লয়হি। সৰ্বানন্দ দাসগুপ্ত জন্মসূত্ৰে হিন্দু আছিল; পাছত ব্ৰাহ্ম ধৰ্মত দীক্ষা লয়। তেওঁ বৰিশালৰ ব্ৰাহ্মসমাজ আন্দোলনৰ প্ৰাথমিক পৰ্য্যায়ত অংশগ্ৰহণ কৰিছিল আৰু তেওঁ মানৱহিতৈষী কামকাজবোৰৰ কাৰণে সমাদৃত হৈছিল। জীবনানন্দৰ দেউতাক সত্যানন্দ দাসগুপ্ত সৰ্বানন্দৰ দ্বিতীয় পুত্ৰ আছিল। সত্যানন্দ দাসগুপ্ত (১৮৬৩-১৯৪২) আছিল বৰিশাল ব্ৰজমোহন স্কুলৰ শিক্ষক, প্ৰবন্ধক, বৰিশাল ব্ৰাহ্ম সমাজৰ সম্পাদক আৰু ব্ৰাহ্মসমাজৰ মুখপত্ৰ"ব্ৰাহ্মবাদী"ৰ প্ৰতিষ্ঠাতা সম্পাদক। জীবনানন্দৰ মাতৃ কুসুমকুমাৰী দাস আছিল কবি। তেওঁৰ সুপৰিচিত কবিতা"আদৰ্শ ল’ৰা" আমাৰ দেশৰ সেই ল’ৰা কেতিয়া ওলাব/ যাৰ বাবে কথা নহয় কৰ্মহে ডাঙৰ হ’ব) আজিও বংগৰ শিশুশ্ৰেণীৰ পাঠ্য। জীবনানন্দ পিতৃ-মাতৃৰ জ্যেষ্ঠ সন্তান আছিল। তেওঁ ঘৰত মতা নাম আছিল মিলু। তেওঁৰ ভায়েক আশোকানন্দ দাসে ১৯০৮ত আৰু ভনীয়েক সুচৰিতা দাসে ১৯১৫ চনত জন্মগ্ৰহণ কৰে। দেউতাক কম বয়সতেই স্কুলত ভৰ্তি হোৱাৰ বিৰোধী আছিল কাৰণে মাকৰ ওচৰতেই বাল্যশিক্ষাৰ আৰম্ভণি হয়। ৰাতিপুৱা শুই উঠিয়েই পিতৃৰ কণ্ঠত উপনিষদৰ আবৃত্তি আৰু মাতৃৰ গান শুনিছিল। লাজুকীয়া স্বভাৱৰ আছিল যদিও তেওঁৰ খেলা ধূলা, ভ্ৰমণ আৰু সাঁতোৰৰ অভ্যাস আছিল। তেওঁ সৰু কালতে এবাৰ কঠিন অসুখত ভোগে। স্বাস্থ্য উদ্ধাৰৰ বাবে মাতৃ আৰু মাতামহ ধেমেলীয়া গীতৰ ৰচক চন্দ্ৰনাথৰ লগত লক্ষ্ণৌ, আগ্ৰা, দিল্লী আদি ঠাই ভ্ৰমণ কৰে। ১৯০৮ চনৰ জানুৱাৰীত আঠ বছৰ বয়সত মিলুক ব্ৰজমোহন স্কুলৰ পঞ্চম শ্ৰেণীত ভৰ্তি কৰোৱা হয়। স্কুলত থকা সময়তেই তেওঁ বঙালী আৰু ইংৰাজীত ৰচনা কৰিবলৈ শিকে। তদুপৰি ছবি অঁকাতো তেওঁৰ ৰাপ আছিল। ১৯১৫ চনত তেওঁ ব্ৰজমোহন বিদ্যালয়ৰ পৰাই প্ৰথম বিভাগত মেট্ৰিকুলেচন পৰীক্ষা পাচ কৰে। দুবছৰ পাছত ব্ৰজমোহন কলেজৰ পৰাই ইণ্টাৰমিডিয়েট পৰীক্ষাত পূৰ্বৰ ফলাফলৰ পুনৰাবৃত্তি ঘটায়। ইয়াৰ পাছত তেওঁ কলকাতা বিশ্ববিদ্যালয়ত ভৰ্তি হ’বৰ বাবে বৰিশাল এৰে। কলকাতা জীৱন: প্ৰথম পৰ্ব জীবনানন্দই কলকাতাৰ নামকৰা প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰে। ১৯১৯ চনত তেওঁ এই কলেজৰ পৰাই ইংৰাজীত অনাৰ্চ সহ বি.এ পাচ কৰে। সেই বছৰেই ব্ৰাহ্মবাদী আলোচনীৰ বহাগ সংখ্যাত তেওঁৰ প্ৰথম কবিতা ছপা হয়। কবিতাটোৰ নাম আছিল 'বৰ্ষ আবাহন'। কবিতাটোত কবিৰ নাম ওলোৱা নাছিল। কেবল সন্মানসূচক শ্ৰী শব্দটো লিখা আছিল। কিন্তু আলোচনীৰ বৰ্ষপূৰ্তিৰ সম্পূৰ্ণ সূচীত তেওঁৰ পূৰা নাম ছপা হয়: শ্ৰী জীবনানন্দ দাসগুপ্ত, বি.এ। ১৯২১ চনত কলকাতা বিশ্ববিদ্যালয়ত দ্বিতীয় বিভাগত মাষ্টাৰ ডিগ্ৰী অৰ্জন কৰে। তেওঁ কিছুদিন আইনশাস্ত্ৰও অধ্যয়ন কৰিছিল। সেই সময়ত তেওঁ হেৰিচন ৰ’ডৰ প্ৰেচিডেন্সি কলেজৰ হোষ্টেলত বাস কৰিছিল। কিন্তু পৰীক্ষাৰ ঠিক আগে আগে তেওঁ বেচিলাৰী ডায়েৰীয়াত আক্ৰান্ত হয় যাৰ ফলত তেওঁ প্ৰস্তুতি বাধাগ্ৰস্ত হয়। ১৯২২ চনত জীবনানন্দই কলকাতা চিটি কলেজত অধ্যাপনা আৰম্ভ কৰে আৰু আইনশাস্ত্ৰৰ অধ্যয়ন এৰি দিয়ে। সাহিত্যচৰ্চা আৰু জীৱনসংগ্ৰাম জীবনানন্দৰ সাহিত্যিক জীৱন বিকশিত হ’বলৈ আৰম্ভ কৰে। ১৯২৫ চনৰ জুনত দেশবন্ধু চিত্তৰঞ্জন দাসৰ মৃত্যু হোৱাত জীবনানন্দই তেখেতৰ স্মৃতিত 'দেশবন্ধুৰ প্ৰয়াণত' নামৰ এটা কবিতা ৰচনা কৰে যিটো বঙ্গবাণী আলোচনীত প্ৰকাশ হয়। কবিতাটোৱে পাচত তেওঁৰ প্ৰথম কাব্য সংকলন 'ঝৰা পালক'ত স্থান পায়। কবিতাটো পঢ়ি কবি কালিদাস ৰায়ে মন্তব্য কৰিছিল যে এই কবিতাটো নিশ্চয় কোনো প্ৰতিষ্ঠিত কবিৰ ছদ্মনামৰ ৰচনা'। ১৯২৫ চনত তেওঁৰ প্ৰথম প্ৰবন্ধ 'স্বৰ্গীয় কালিমোহন দাসৰ শ্ৰাদ্ধবাহৰত' নামৰ প্ৰবন্ধটো ব্ৰাহ্মবাদী আলোচনীত একেলেঠাৰিয়ে তিনিটি সংখ্যাত ধাৰাবাহিক হিচাবে প্ৰকাশিত হয়। সেই বছৰেই 'কল্লোল' আলোচনীত 'নীলিমা' নামৰ কবিতাটো প্ৰকাশ হয় আৰু অনেক তৰুণ কাব্যৰসিকৰ দৃষ্টি আকৰ্ষণ কৰে। লাহে লাহে কলকাতা, ঢাকা আৰু অন্যান্য ঠাইৰ বিভিন্ন সাহিত্য আলোচনীসমূহত তেওঁ লেখা প্ৰকাশ পাবলৈ ধৰিলে। যিবোৰৰ মাজত সেই সময়ৰ সুবিখ্যাত আলোচনী কল্লোল, কালি ও কলম, প্ৰগতি আদিও আছে। ১৯২৭ চনত কবিৰ প্ৰথম কাব্যগ্ৰন্থ 'ঝৰা পালক' প্ৰকাশিত হয়। সেই সময়ৰ পৰাই তেওঁ তেওঁৰ উপাধি দাসগুপ্তৰ সলনি দাস লিখিবলৈ লয়। প্ৰথম কাব্যগ্ৰন্থ প্ৰকাশৰ কেইমাহমানৰ পাছতেই তেওঁ চিটি কলেজৰ চাকৰিটো হেৰুৱায়। ধৰ্মীয় উত্সৱক কেন্দ্ৰ কৰি কলেজখনত ছাত্ৰ অসন্তোষে দেখা দিয়ে। ফলস্বৰূপে কলেজত ছাত্ৰৰ নাম ভৰ্তিৰ হাৰ আশংকাজনকভাৱে কমি যায়। জীবনানন্দ আছিল কলেজৰ শিক্ষকসকলৰ মাজত কনিষ্ঠতম। সেয়ে আৰ্থিক অসুবিধাত পৰি কলেজ কৰ্তৃপক্ষই তেওঁকেই চাকৰিৰ পৰা বিদায় দিয়ে। কলকাতাৰ সাহিত্য চক্ৰতো সেই সময়ত তেওঁ কবিতাই কঠোৰ সমালোচনাৰ মুখামুখি হয়। সেই সময়ৰ প্ৰখ্যাত সাহিত্য সমালোচক কবি সাহিত্যিক সজনীকান্ত দাসে 'শনিবাৰেৰ চিঠি' আলোচনীত তেখেতৰ ৰচনাৰ নিৰ্দয় সমালোচনা কৰে। কলকাতাত কৰিবৰ জোখাৰে কোনো কাম নাপায় কবিয়ে সৰু চহৰ বাগেৰহাটৰ প্ৰফুল্ল চন্দ্ৰ কলেজত শিক্ষক হিচাবে যোগদান কৰে। কিন্তু তিনিমাহ পাছতেই তেওঁ কলকাতালৈ প্ৰত্যাবৰ্তন কৰে। এই সময়ত তেওঁ চৰম অৰ্থনৈতিক দুদৰ্শাত ভুগিছিল। জীৱনধাৰণৰ কাৰণে তেওঁ টিউচন কৰিছিল আৰু লগতে বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত চাকৰিৰ সন্ধান কৰিছিল। ১৯২৯ চনৰ ডিচেম্বৰত তেওঁ দিল্লীৰ ৰামযশ কলেজত অধ্যাপক হিচাবে যোগদান কৰে। ইফালে বৰিশালত পৰিয়ালৰফালৰ পৰা বিয়াৰ যো-জা কৰিছিল আৰু ১৯৩০ চনৰ ৯ মে তাৰিখে তেওঁ লাবণ্য দেৱীৰ লগত বৈবাহিক বান্ধোনত বান্ধ খায়। বিয়া হৈছিল ঢাকাত, ব্ৰাহ্ম সমাজৰ ৰামমোহন লাইব্ৰেৰীত। বিয়াৰ পাছত তেওঁ আৰু দিল্লীলৈ ঘৄৰি নগ’ল। ফলস্বৰূপে তেওঁ তাৰ চাকৰিটো হেৰুৱায়। ইয়াৰ পাছত প্ৰায় পাঁচ বছৰ কাল কৰ্মহীন অৱস্থাত কটায়। মাজতে কিছুদিন ইঞ্চিউৰেঞ্চ কোম্পানীৰ এজেণ্ট হিচাবে কাম কৰে। সৰু ভায়েকৰ পৰা টকা ধাৰলৈ লৈ ব্যৱসায় কৰাৰো চেষ্টা কৰে কিন্তু কোনোটো স্থায়ী নহ’ল। ১৯৩১ চনত কবিৰ প্ৰথম সন্তান মঞ্জুশ্ৰীৰ জন্ম হয়। প্ৰায় সেই সময়ত তেওঁৰ 'কেম্প' কবিতাটো সুধীন্দ্ৰনাথ দত্তৰ সম্পাদিত 'পৰিচয়' আলোচনীত প্ৰকাশিত হয় আৰু লগে লগেই কলকাতাৰ সাহিত্য সমাজৰ ব্যাপক সমালোচনাৰ চিকাৰ হয়। কবিতাটোৰ বিষয়বস্তু আছিল জোনাক নিশাত হৰিণাৰ চিকাৰ। অনেকেই কবিতাটো পাঠ কৰি অশ্লীল বুলি চিহ্নিত কৰে। তেওঁ তেওঁৰ বেকাৰত্ব, সংগ্ৰাম আৰু হতাশাৰ এই সময়ত যথেষ্ট সংখ্যক ছুটি গল্প আৰু উপন্যাস ৰচনা কৰিছিল। কিন্তু তেওঁৰ জীৱিত কালত সেইবোৰৰ প্ৰকাশ নহ’ল। ১৯৩৪ চনত তেওঁ এলানি গীতিকবিতা ৰচনা কৰে আৰু যিবোৰ পৰৱৰ্তীকালত তেওঁৰ ৰূপসী বাংলা কাব্যৰ প্ৰধান অংশ আছিল। তেওঁ মৃত্যুৰ পাছত সকলোবোৰ সামৰি ১৯৫৭ চনত 'ৰূপসী বাংলা' কাব্যগ্ৰন্থখন প্ৰকাশিত কৰা হয়। বৰিশাললৈ প্ৰত্যাৱৰ্তন ১৯৩৫ চনত জীবনানন্দে তেওঁৰ পুৰণা শিক্ষা প্ৰতিষ্ঠান ব্ৰজমোহন কলেজলৈ ঘূৰি যায় যিখন তেতিয়া কলকাতা বিশ্ববিদ্যালয়ৰ অধীনত আছিল। তেওঁ তাত ইংৰাজী বিভাগৰ প্ৰভাষক হিচাবে যো্গ দিয়ে। সেই সময়ত কলকাতাত বুদ্ধদেৱ বসু, প্ৰেমেন্দ মিত্ৰ আৰু সমৰ সেনে এখন নতুন কবিতালোচনী উলিওৱাৰ যো-জা কৰিছিল যাৰ নাম দিছিল 'কবিতা'। আলোচনীখনৰ প্ৰথম সংখ্যাতেই জীবনানন্দৰ 'মৃত্যুৰ আগে' নামৰ কবিতাটোৱে ঠাই পায়। কবিতাটো পাঠ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে বুদ্ধদেৱলৈ লিখা এখন চিঠিত মন্তব্য কৰিছিল যে কবিতাটো 'চিত্ৰৰূপময়'। কবিতা আলোচনীৰ দ্বিতীয় সংখ্যাত (পুহ ১৩৪২ সংখ্যা, ডিচে. ১৯৩৪/ জানু. ১৯৩৫) তেওঁৰ কিংবদন্তিতুল্য বনলতা সেন নামৰ কবিতাটো প্ৰকাশ পায়। এই ১৮ শাৰীৰ কবিতাটো বৰ্তমান বঙালী ভাষাৰ আটাইতকৈ জনপ্ৰিয় কবিতাৰ অন্যতম হিচাবে পৰিগণিত। তাৰ পাছৰ বছৰত জীবনানন্দৰ দ্বিতীয় কাব্যগন্থ 'ধূসৰ পাণ্ডুলিপি' প্ৰকাশ পায়। ইয়াৰ মাজতে জীবনানন্দই বৰিশালতেই সকলোবোৰ থানথিত লগাই লৈছিল। ১৯৩৬ চনৰ নবেম্বৰত তেওঁ পুত্ৰ সমৰানন্দৰ জন্ম হয়। ১৯৩৮ চনত ৰবীন্দ্ৰনাথে 'বঙালী কাব্য পৰিচয়' নামৰ এখন কবিতা সংকলন সম্পাদন কৰে আৰু ইয়াত জীবনানন্দৰ 'মৃত্যুৰ আগে' কবিতাটোৱে স্থান পায়। ১৯৩৯ চনত আবু চৈয়দ আয়ুব আৰু হীৰেন্দ্ৰনাথ মুখোপাধ্যায়ৰ সম্পাদনাত আৰু এখন গুৰুত্বপূৰ্ণ কবিতা সংকলন প্ৰকাশ পায়। ইয়াত জীবনানন্দৰ চাৰিটা কবিতা-'পাখিৰা', 'শকুন', 'বনলতা সেন' আৰু 'নগ্ন নিৰ্জন হাত' অন্তৰ্ভুক্ত হয়। ১৯৪২ চনত কবিৰ পিতৃবিয়োগ হয় আৰু সেইবছৰেই তেওঁৰ তৃতীয় কাব্যগ্ৰন্থ 'বনলতা সেন' প্ৰকাশিত হয়। কিতাপখন বুদ্ধদেৱ বসুৰ কবিতা ভৱনত 'এক পইচাৰ এটা চিৰিজ'ৰ অংশ হিচাবে প্ৰকাশিত হয়। ইয়াৰ পৃষ্ঠাসংখ্যা আছিল ষোল্ল। বুদ্ধদেৱ বসু আছিল জীবনানন্দৰ অন্যতম পৃষ্ঠপোষক আৰু তেওঁৰ সম্পাদিত কবিতা আলোচনীতেই জীবনানন্দৰ বহুসংখ্যক কবিতা ছপা হয়। ১৯৪৪ চনত তেওঁৰ চতুৰ্থ কাব্যগ্ৰন্থ 'মহাপৃথিৱী' প্ৰকাশ পায়। ইয়াৰ আগৰ তিনিখন কাব্যগ্ৰন্থ তেওঁ নিজৰ পইচাৰে প্ৰকাশ কৰিছিল কিন্তু 'মহাপৃথিৱী'ৰ কাৰণে তেওঁ প্ৰকাশক পায়। দ্বিতীয় বিশ্বযুদ্ধকালীন সময়ত প্ৰকাশিত এই কবিতাসমূহত যুদ্ধৰ ছাপ সু-স্পষ্ট। কলকাতা জীৱন: চূড়ান্ত পৰ্ব দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভাৰতৰ স্বাধীনতা আন্দোলন প্ৰবল হৈ উঠে। জিন্নাৰ নেতৃত্বত মুছলিম নেতৃবৃন্দই মুছলমানসকলৰ বাবে পৃথক ৰাষ্ট্ৰ গঠনৰ দাবী তোলে। ইয়াৰ ফলত বঙালী দ্বিখণ্ডিত হোৱাটো অৱশ্যম্ভাবী হৈ পৰে। কাৰণ ইয়াৰ পূব অংশত মুছলমানসকলৰ সংখ্যাগৰিষ্ঠতা আছিল আৰু পশ্চিমাংশত হিন্দুসকল আছিল সংখ্যাগৰিষ্ঠ। ১৯৪৭ ত দেশ বিভাজনত বঙালীৰ পূব অংশত সেইসময়ত বিভত্স সংঘৰ্ষই দেখা দিয়ে। জীবনানন্দই সকলো সময়তে সাম্প্ৰদায়িক সম্প্ৰীতিৰ সপক্ষে মাত মাতিছিল। ১৯৪৬ চনত কলকাতাত আকৌ যেতিয়া হিন্দু-মুছলমানৰ সংঘৰ্ষ হয় তেতিয়া তেওঁ '১৯৪৬-৪৭' কবিতাটো লিখে। দেশবিভাজনৰ কিছু আগেয়ে তেওঁ বি.এম কলেজৰ পৰা ছুটি লৈ কলকাতালৈ যায়। পাছলৈ তেওঁ আৰু পূৰ্ববঙ্গলৈ উভতি নগ’ল। কলকাতাত তেওঁ কেইবামাহো স্বৰাজ কাকতৰ দেওবৰীয়া সাহিত্য বিভাগৰ সম্পাদনা কৰিছিল। ১৯৪৮ চনত তেওঁ দুখন উপন্যাস লিখে-'মাল্যবান' আৰু 'সুতীৰ্থ'। কিন্তু আগৰবোৰৰ দৰেই এই দুখনো প্ৰকাশ নকৰিলে। এই বছৰেই ডিচেম্বৰত তেওঁ পঞ্চম কাব্যগ্ৰন্থ সাতটি তাৰাৰ তিমিৰ' প্ৰকাশিত হয়। একেই মাহতে তেওঁৰ মাতৃ কুসুমকুমাৰী দাসৰ মৃত্যু ঘটে। ইতিমধ্যে জীবনানন্দই কলকাতাৰ সাহিত্য সমাজত নিজৰ এখন সুকীয়া আসন দখল কৰি লৈছিল। তেওঁ 'সমকালীন সাহিত্য কেন্দ্ৰ' নামৰ এটা সংস্থাৰ উপ-সভাপতি নিৰ্বাচিত হয় আৰু এই সংস্থাৰ মুখপত্ৰ 'দ্বন্দ্ব' আলোচনীৰ অন্যতম সম্পাদক নিযুক্ত হয়। মাজতে তেওঁ কিছুকাল খড়গপুৰ কলেজতো অধ্যাপনা কৰে। ১৯৫২ চনত তেওঁৰ জনপ্ৰিয় কবিতাৰ পুথি 'বনলতা সেন' চিগনেট প্ৰেছত পৰিবৰ্ধিত আকাৰে প্ৰকাশিত হয়। পুথিখনে পাঠকৰ সহাঁৰি লাভ কৰে আৰু নিখিল বঙ্গ ৰবীন্দ্ৰ সাহিত্য সন্মিলনত ঘোষিত 'ৰবীন্দ্ৰ স্মৃতি বঁটা'ও লাভ কৰে। ১৯৫৪ চনৰ মে মাহত প্ৰকাশিত হয় 'জীবনানন্দ দাসৰ শ্ৰেষ্ঠ কবিতা'। কিতাপখনে ১৯৫৫ চনত ভৰত চৰকাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে। কৰ্মজীৱন অধ্যাপনাৰ কামতেই তেওঁৰ কৰ্মজীৱনৰ সূচনা আৰু সমাপ্তি। এম.এ পাচ কৰাৰ পাছত কলকাতাত কলেজৰ হোষ্টেলৰ থকাৰ প্ৰয়োজনতেই তেওঁ আইন পঢ়িবলৈ আৰম্ভ কৰিছিল। এই সময়ত তেওঁ ১৯২২ চনত কলকাতাৰ ব্ৰাহ্মসমাজৰ দ্বাৰা পৰিচালিত চিটি কলেজত টিউটৰ হিচাবে শিক্ষকতা আৰম্ভ কৰিছিল। ১৯২৮ ত সৰস্বতী পূজাক লৈ গোলমাল হোৱাত অন্যান্য কেইজনমান শিক্ষকৰ লগতে তেওঁকো কলেজ কৰ্তৃপক্ষই চাকৰিৰ পৰা বিদায় দিয়ে। জীৱনৰ শেষ ভাগত কিছুদিনৰ কাৰণে কলকাতাৰ এখন দৈনিক কাকত স্বৰাজৰ সাহিত্য বিভাগৰ সম্পাদনাত নিযুক্ত হৈছিল। তেওঁ বৰ্তমান বাংলাদেশ আৰু ভাৰতৰ বহুকেইখন শিক্ষাপ্ৰতিষ্ঠানত অধ্যাপনা কৰিছিল। তাৰ ভিতৰত আছে- চিটি কলেজ, কলকাতা (১৯২২-১৯২৮), বাগেৰহাট কলেজ, খুলনা (১৯২৯), ৰামযশ কলেজ, দিল্লী (১৯৩০-৩১), ব্ৰজমোহন কলেজ, বৰিশাল (১৯৩৫-১৯৪৮), খড়গপুৰ কলেজ, (১৯৫১-১৯৫২), বড়িশা কলেজ (অধুনা,’বিবেকানন্দ কলেজ’, কলকাতা)(১৯৫৩), আৰু হাওৰা গাৰ্লচ কলেজ, কলকাতা (১৯৫৩-১৯৫৪)। তেওঁৰ কৰ্মজীৱন খু্ব এটা মসৃণ নাছিল। চাকৰি তথা জীৱিকাৰ অভাৱে তেওঁ আমৃত্যু কষ্ট দিলে। এটা চাকৰিৰ বাবে তেওঁ দুৱাৰে দুৱাৰে ঘূৰিছিল। স্ত্ৰী লাবণ্য দাসে স্কুলত শিক্ষকতা কৰি জীৱিকাৰ অভাৱ কিছু লাঘৱ কৰিছিল। ১৯৫৮ চনত অকাল মৃত্যুৰ সময়ত তেওঁ হাওৰা গাৰ্লচ কলেজত শিক্ষকতা কৰি আছিল। দুবাৰ দীঘলীয়া বেকাৰ অৱস্থাত তেওঁ ইঞ্চিউৰেঞ্চ কোম্পানীৰ এজেণ্ট হিচাবে কাম কৰিছিল আৰু মূলতঃ গৃহ শিক্ষকতা কৰি ঘৰ চলায়। ইয়াৰ উপৰি দুবছৰমান ব্যৱসায় কৰাৰ চেষ্টাও কৰিছিল। দৰিদ্ৰতা আৰু অভাৱ তেওঁৰ কৰ্মজীৱনৰ ছাঁৰ দৰে আছিল। সাহিত্যিক জীৱন সম্ভৱত: মাক কুসুমকুমাৰী দেৱীৰ প্ৰভাৱত ল’ৰা কালৰ পৰাই তেওঁ পদ্য লিখিবলৈ আৰম্ভ কৰে। ১৯১৯ চনত তেওঁ লিখা কবিতা এটা প্ৰকাশ হয়। এইটোৱে তেওঁৰ প্ৰথম প্ৰকাশিত কবিতা। কবিতাটোৰ নাম 'বৰ্ষা আবাহন'। এইটো ব্ৰাক্ষ্মবাদী আলোচনীৰ ১৩২৫ চনৰ বহাগ সংখ্যাত প্ৰকাশিত হৈছিল। তেতিয়া তেওঁ জীবনানন্দ দাসগুপ্ত নামেৰে লিখিছিল। ১৯২৭ চনৰ পৰা তেওঁ জীবনানন্দ দাস বুলি লিখাৰ আৰম্ভ কৰে। ১৯২৫ চন ১৬ জুনত দেশবন্ধু চিত্তৰঞ্জন দাসৰ মৃত্যু হোৱাত তেওঁ 'দেশবন্ধুৰ প্ৰয়াণত' শিৰোনামৰে এটা কবিতা লিখিছিল যিটো বংগবাণী আলোচনীৰ ১৩৩২ চনৰ শাওন সংখ্যাত প্ৰকাশিত হৈছিল। কিন্তু দীনেশৰঞ্জন দাসৰ সম্পাদিত 'কল্লোল' আলোচনীৰ ১৩৩২ (১৯২৬ চন) ফাগুণ সংখ্যাত তেওঁৰ 'নীলিমা' শীৰ্ষক কবিতাটো প্ৰকাশিত হয় যেন আধুনিক বঙালী কবিতাৰ জগতত তেওঁ অন্নপ্ৰাশনহে হয়! জীৱিতকালত তেওঁৰ ৭খন কাব্যগ্ৰন্থ প্ৰকাশিত হয়। প্ৰথম প্ৰকাশিত 'ঝৰা পালক' নামৰ কাব্যগ্ৰন্থত তেওঁৰ প্ৰকৃত কবিত্বশক্তি ফুটি উঠা নাছিল; বৰং ইয়াত কবি নজৰুল ইছলাম, মোহিতলাল মজুমদাৰ আৰু সত্যেন্দ্ৰনাথ দত্তৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিলক্ষিত হয়। কিন্তু খুব সোনকালে তেওঁ স্বকীয়তা অৰ্জন কৰিছিল। দীঘলীয়া ব্যৱধানত প্ৰকাশিত দ্বিতীয় কাব্য সংকলন 'ধূসৰ পাণ্ডুলিপি'ত তেওঁৰ স্বকীয় কাব্য কৌশল পৰিস্ফুট হৈ উঠে। বঙালী সাহিত্য জগতত তেওঁৰ বৈশিষ্ট্যবোৰ আলোচনাৰ বিষয় হৈ উঠে। শেষৰ ফালৰ কবিতাত অৰ্থনিৰ্মলতাৰ অভাৱ আছিল। 'সাতটি তাৰাৰ তিমিৰ'ৰ প্ৰকাশ হোৱাৰ পাছতেই তেওঁৰ বিৰুদ্ধে দুৰ্বোধ্যতাৰ অভিযোগ উঠে। নিজৰ কবিতাৰ অপমূল্যায়নক লৈ জীবনানন্দ খুব চিন্তিত হৈছিল। তেওঁ নিজেই স্ব-ৰচনাৰ অৰ্থ-নিৰূপন কৰাৰ অভিপ্ৰায় ব্যক্ত কৰিছিল যদিও শেষাৱধি সেয়া সম্ভৱ হৈ নুঠিল। কিন্তু কবি নিজেই নিজৰ ৰচনাৰ কাঢ়া সমালোচক আছিল। গতিকে চাৰে আঠ শতাধিক কবিতা লিখিলেও তেওঁ জীৱিতকালত মাত্ৰ ২৬২টা কবিতাহে বিভিন্ন কাকত-আলোচনী আৰু কাব্যসংকলনত প্ৰকাশ কৰিবৰ বাবে দিছিল। এনেকি 'ৰূপসী বাংলা'ৰ সম্পূৰ্ণ পাণ্ডুলিপি প্ৰস্তুত থকা সত্ত্বেও জীবনানন্দ দাসে প্ৰকাশ কৰা সিদ্ধান্ত ল’ব পৰা নাছিল। তেওঁ এই কাব্যগন্থৰ নাম দিছিল 'বাংলা ত্ৰস্ত নীলিমা' যিখন তেওঁৰ মৃত্যুৰ পাছত আৱিষ্কৃত হয় আৰু 'ৰূপসী বাংলা' নামেৰে প্ৰকাশিত হয়। মৃত্যুৰ পাছত আৰু কেইবাটাও পাণ্ডুলিপি আৱিষ্কৃত হয় যিবোৰ 'বেলা অবেলা কালবেলা' নামেৰে প্ৰকাশিত হয়। জীৱিতকালত তেওঁৰ একমাত্ৰ পৰিচয় আছিল কবি। অৰ্থৰ প্ৰয়োজনত তেওঁ কিছুসংখ্যক প্ৰবন্ধ লিখিছিল আৰু প্ৰকাশো কৰিছিল। কিন্তু গোপনে প্ৰচুৰ গল্প আৰু উপন্যাস লিখিছিল, যিবোৰৰ এটাৰো প্ৰকাশৰ ব্যৱস্থা কৰা নাছিল। এইবোৰৰ বাহিৰেও ষাঠি-পয়ষষ্ঠিটাৰ বেচি 'লিটাৰেৰী লিখিছিল যাৰ অধিকাংশ এতিয়াও (২০০৯) প্ৰকাশ হোৱা নাই। স্বীকৃতি আৰু সমালোচনা জীৱিতকালত অসাধাৰণ কবি হিচাবে পৰিচিত হ’লেও তেওঁ খ্যাতি অৰ্জন কৰিব পৰা নাছিল। ইয়াৰ কাৰণে তেওঁৰ প্ৰচাৰবিমুখতাও দায়ী। তেওঁ আপোনভোলা মানুহ আছিল। কিন্তু মৃত্যুৰ পাছতেই তেওঁ বঙালী ভাষাৰ অধুনিক কবিতাৰ পথপ্ৰদৰ্শকসকলৰ এজন হিচাবে স্বীকৃতি পায়। জীবনানন্দ দাসৰ জীৱনক লৈ বঙালী ভাষাত প্ৰচুৰ গ্ৰন্থ ৰচনা কৰা হৈছে, এতিয়াও হৈয়ে আছে। ইয়াৰ বাহিৰেও ইংৰাজীত তেওঁৰ জীৱনৰ ভিত্তিত ক্লিনটন বি চিলিয়ে 'এ পোয়েট এপাৰ্ট' নামৰ গ্ৰন্থ ৰচনা কৰিছে। ইংৰাজীৰ বাহিৰেও ফৰাচীসহ কেইবাটাও ইউৰোপীয় ভাষালৈ তেওঁৰ কবিতা অনূদিত হৈছে। যদিও তেওঁ সৰ্বাধিক কবি হিচাবে পৰিচিত কিন্তু মৃত্যুৰ পাছৰ পৰা ২০০৯ চনলৈকে তেওঁৰ যি বিপুল পাণ্ডুলিপি উদ্ঘাটিত হৈছে তাৰ মাজত উপন্যাস সংখ্যা ১৪ আৰু গল্পৰ সংখ্যা শতাধিক। বঁটা নিখিলবঙ্গ ৰবীন্দ্ৰ সাহিত্য সন্মিলনত ১৯৫২ চনত পৰিবৰ্তিত চিগনেট সংস্কৰণ বনলতা সেন কাব্য গ্ৰন্থই বঙালী ১৩৫৯ৰ শ্ৰেষ্ঠ কাব্যগ্ৰন্থ হিচাবে পুৰস্কৃত হয়। কবিৰ মৃত্যুৰ পাছত ১৯৫৫ চনত ফেব্ৰুৱাৰী মাহত জীবনানন্দ দাসৰ শ্ৰেষ্ঠ কবিতা (১৯৫৪)ই সাহিত্য অকাডেমি বঁটা লাভ কৰে। মৃত্যু ১৪ অক্তোবৰ ১৯৫৪ তাৰিখে কলকাতাৰ বালিগঞ্জত এক ট্ৰাম দুৰ্ঘটনাত তেওঁ আহত হয়। ট্ৰামৰ চেপাত তেওঁৰ শৰীৰ পিষ্ট হৈ গৈছিল। ভাঙি গৈছিল ডিঙি, উৰু আৰু বুকুৰ কামি হাড়। গুৰুতৰভাৱে আহত জীবনানন্দৰ চিঞৰ শুনি ওচৰৰ চাহ দোকানৰ মালিক চুনীলাল আৰু অন্যান্যসকলে তেওঁক উদ্ধাৰ কৰে। শম্ভূনাথ পণ্ডিত হাস্পতালত তেওঁ ভৰ্তি কৰোৱা হয়। এই সময়ত ড: ভূমেন্দ্ৰ গুহ সহ অনেক তৰুণ কবিয়ে জীবনানন্দৰ সুচিকিত্সাৰ কাৰণে প্ৰাণে পণে চেষ্টা কৰিছিল। কবি সাহিত্যিক সজনীকান্ত দাসে এই বিষয়ত বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল। তেওঁ অনুৰোধক্ৰমেই তদানীন্তন মুখ্যমন্ত্ৰী ডা: বিধানচন্দ্ৰ ৰায়ে কবিক দেখা কৰিবলৈ আহিছিল আৰু আহত কবিৰ সুচিকিত্সাৰ নিৰ্দেশ দিছিল। তত্সত্ত্বেও চিকিৎসাৰ বিশেষ কোনো উন্নতি হোৱা নাছিল। এই সময়ত পত্নী লাবণ্য দাসক তেওঁৰ কাষত বেচি দেখা পোৱা নগৈছিল। তেওঁ টালিগঞ্জত চিনেমাৰ কামত ব্যস্ত আছিল। জীবনানন্দৰ অৱস্থা ক্ৰমাৎ জটিলতাৰ পিনে ঢাল খায়। শেষত কবি নিউম'নিয়াত আক্ৰান্ত হয়। চিকিত্সকসকলৰ সকলো প্ৰচেষ্টা বিফল কৰি ২২ অক্তোবৰ ১৯৫৪ তাৰিখে নিশা ১১বাজি ৩৫ মিনিটত কলকাতাৰ শম্ভূনাথ পণ্ডিত হাস্পতালত তেওঁ মৃত্যু হয়। আব্দুল মান্নান চৈয়দ-সহ কোনো কোনোৱে ধাৰণা কৰে যে আত্মহত্যাৰ প্ৰবণতাই আছিল এই দুৰ্ঘটনাৰ মূল কাৰণ। জীবনানন্দৰ গৱেষক ডা: ভূমেন্দ্ৰ গুহই ভাবিছিল জাগতিক নি:সহায়তাই কবিক মানসিকভাৱে দুৰ্বল কৰি তুলিছিল আৰু তেওঁৰ জীৱনস্পৃহা শূন্য কৰি পেলাইছিল। মৃত্যুচিন্তাই কবিৰ মনত বাস কৰিছিল। তেওঁ প্ৰায়ে ট্ৰাম দুৰ্ঘটনাত মৃত্যুৰ কথা ভাবিছিল। কলকাতাত যোৱা এশবছৰত ট্ৰাম দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা আছিল মাত্ৰ এটা আৰু সেয়া আন কাৰো নহয় কবি জীবনানন্দ দাসৰ। কিন্ত প্ৰত্যক্ষদৰ্শীৰ মতে সেই সময়ত দুই হাতে দুই থোক ডাব লৈ ট্ৰাম লাইন পাৰ কৰিছিল কবিয়ে। আত্মহত্যাৰ সিদ্ধান্ত লৈ দুই হাতে দুই থোক ডাব লৈ ঘৰলৈ ঘূৰি অহা ৰাস্তাত ট্ৰাম লাইনত পৰি দিয়াতো খুব এটা গ্ৰহণযোগ্য যুক্তি নহয়। গ্ৰন্থ তালিকা কাব্যগ্ৰন্থ জীবনানন্দৰ কাব্যগ্ৰন্থসমূহৰ প্ৰকাশকাল সম্পৰ্কে প্ৰণিধানযোগ্য যে কেইবাখনো কাব্যগ্ৰন্থৰ একাধিক পৰিবৰ্ধিত সংস্কৰণ প্ৰকাশিত হৈছিল। তলত কেবল প্ৰথম প্ৰকাশনৰ বছৰ উল্লেখ কৰা হৈছে। তৰা চিন থকা সমূহ মৃত্যুৰ পাছত প্ৰকাশিত গ্ৰন্থ। ঝৰা পালক (১৯২৭) ধূসৰ পাণ্ডুলিপি (১৯৩৬) বনলতা সেন (১৯৪২, কবিতাভবন সংস্কৰণ) মহাপৃথিবী (১৯৪৪) সাতটি তাৰাৰ তিমিৰ (১৯৪৮) বনলতা সেন (১৯৫২, চিগনেট প্ৰেছ সংস্কৰণ) জীবনানন্দ দাশেৰ শ্ৰেষ্ঠ কবিতা (১৯৫৪) ৰূপসী বাংলা (১৯৫৭)* বেলা অবেলা কালবেলা (১৯৬১)* সুদৰ্শনা (১৯৭৪)* আলো পৃথিবী (১৯৮১) মনোবিহঙ্গম* অপ্ৰকাশিত একান্ন (১৯৯৯) প্ৰবন্ধগ্ৰন্থ কবিতাৰ কথা (১৯৫৫) জীবনানন্দ দাসৰ প্ৰবন্ধ সমগ্ৰ (১৯৯০, সম্পাদক: ফয়জুল লতিফ চৌধুৰী])* উপন্যাস মাল্যবান (১৯৭৩) সুতীৰ্থ (১৯৭৭) চাৰজন (২০০৪: সম্পাদক: ভূমেন্দ্ৰ গুহ আৰু ফয়সাল শাহৰিয়াৰ)* গল্পগ্ৰন্থ জীবনানন্দ দাসৰ গল্প (১৯৭২, সম্পাদনা: সুকুমাৰ ঘোষ আৰু সুবিনয় মুস্তাফী) জীবনানন্দ দাসৰ শ্ৰেষ্ঠ গল্প (১৯৮৯, সম্পাদনা: আব্দুল মান্নান চৈয়দ) পত্ৰসংকলন জীবনানন্দ দাসৰ পত্ৰাবলী (বঙালী ১৩৮৫, সম্পাদক: দীপেনকুমাৰ ৰায়) জীবনানন্দ দাসৰ পত্ৰাবলী (১৯৮৬, সম্পাদক: আব্দুল মান্নান চৈয়দ) তথ্য সংগ্ৰহ বাহ্যিক সংযোগ জীবনানন্দ দাস সংক্ৰান্তিয় ৱেবছাইট শম্ভু মিত্ৰৰ কণ্ঠত বোধ কবিতাটিৰ আবৃত্তি জীবনানন্দ দাস: ৰবীন্দ্ৰোত্তৰ বাঙালি কবি; ৰচয়িতা দেবাশীষ বন্দ্যোপাধ্যায় ভাৰতৰ ব্যক্তি বঙালী সাহিত্যিক মৃত ব্যক্তি বঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা
4411
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A6%B2%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0
চলচ্চিত্ৰ
চলচ্চিত্ৰ বা বোলছবি বা চমুকৈ অকল ছবি মূলতঃ স্থিৰ চিত্ৰৰ এটা ক্ৰম, যাক এটা বিশেষ প্ৰক্ৰিয়াৰে দৰ্শন কৰিলে গতিশীল ছবি দেখা যায়। বিশেষ সঁজুলিৰে (কেমেৰা) গতিশীল বস্তু এটাৰ গতিৰ ক্ৰমিক স্থিৰচিত্ৰ তুলি, বা এখন এখনকৈ ছবি আকিও চলচ্চিত্ৰ নিৰ্মাণ কৰিব পাৰি। ইয়াৰ প্ৰথম বিধ প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰা ছবিক 'জীৱন্ত গতি'ৰ ছবি আৰু দ্বিতীয় বিধ প্ৰক্ৰিয়াক এনিমেছন বোলা হয়। অৱশ্যে এনিমেছনত এখন এখনকৈ ছবি অঁকাৰ বাহিৰেও অন্যান্য প্ৰক্ৰিয়াৰেও স্থিৰচিত্ৰৰ ক্ৰমটো নিৰ্মাণ কৰিব পাৰি। বৰ্তমান চলচ্চিত্ৰ নিৰ্মাণ একেসময়তে এটা শিল্প আৰু উদ্যোগ। এটা জাতি/যুগ বা প্ৰজন্মই চলচ্চিত্ৰক নিজা বৈশিষ্টপূৰ্ণ ৰূপত তুলি ধৰে আৰু চলচ্চিত্ৰয়ো এখন সমাজক প্ৰভাৱান্বিত কৰাৰ ক্ষমতা ৰাখে। একে সময়তে সমাজৰ দাপোন আৰু পৰিবৰ্তনৰ কাৰক হিচাপে কাম কৰিব পৰাৰ ক্ষমতাৰ বাবে চলচ্চিত্ৰক এটা অতি গুৰুত্বপূৰ্ণ কলা জ্ঞান কৰা হয়। চলচ্চিত্ৰই সফল মনোৰঞ্জনৰ আৰু জ্ঞানৰ ক্ষমতাশালী বাহক হিচাপে কাম কৰিব পাৰে। চলচ্চিত্ৰই একেসময়তে ছবি, শব্দ, সংলাপ সকলো সাঙুৰি লয় বাবে ই যোগাযোগৰ এটা বিশেষ প্ৰভাৱশালী মাধ্যম হিচাপে পৰিগণিত হৈছে। বহুতো চলচ্চিত্ৰই স্থান, কাল-ৰ পৰিধি ভাঙি বিশ্বব্যাপি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। চলচ্চিত্ৰ কাহিনী-ভিত্তিক, শৈক্ষিক বা এবষ্ট্ৰাক্ট যিকোনো বিধৰ হ'ব পাৰে। চলচ্চিত্ৰ মূলতে এলানি ক্ৰমিক স্থিৰচিত্ৰ। প্ৰতিখন স্থিৰ ছবিক 'ফ্ৰেম' বোলা হয়। এই ক্ৰমিক স্থিৰ ছবিসমূহক ইখনৰ পাছত সিখনকৈ খৰ গতিৰে দেখুৱাই গ'লে আমাৰ চকুৰ দৃষ্টি জড়তাৰ বাবে ইখনৰ পাচত সিখন অহাটো ধৰিব নোৱাৰি। আন এটা পৰিঘটনা 'বিটা গতি'-ৰ বাবে ক্ৰমে সলনি হৈ থকা এই ছবিসমূহ প্ৰত্যক্ষ কৰিলে গতিৰ ভ্ৰমৰ সৃষ্টি হয়, অৰ্থাৎ স্থিৰ চিত্ৰৰ ক্ৰমটোৱে গতি কৰা দেখিবলৈ পোৱা যায়। 'চলচ্চিত্ৰ' নে 'বোলছবি', সেই সম্বন্ধে অলপ মতান্তৰ আছে। অসমীয়া ভাষাত 'বোলছবি' শব্দটোৰ প্ৰথম প্ৰয়োগ কৰিছিল পাৰ্বতী প্ৰসাদ বৰুৱাই৷ অৰ্থগত দৃষ্টিৰে চাবলৈ গ'লে 'চলচ্চিত্ৰ' শব্দটোৱে প্ৰকৃত অৰ্থ বহন কৰে। চলি থকা চিত্ৰই হৈছে চলচ্চিত্ৰ। বোলছবি বা কথাছবি, অৰ্থাৎ কথা কোৱা ছবি, শব্দকেইটা প্ৰচলন হৈছিল চলচ্চিত্ৰত শব্দৰ সংযোজন হোৱাৰ পাছত। চলচ্চিত্ৰৰ বাবে শব্দ অপৰিহাৰ্য নহয় বাবে বোলছবি বা কথাছবি শব্দটোৱে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। ইংৰাজী চিনেমা আৰু ফিল্ম এই শব্দ দুটাও অসমীয়া ভাষী ৰাইজৰ মাজত বহুলভাৱে প্ৰচলিত। ইংৰাজীত 'মুভি' বুলিও কোৱা হয়। ফিল্ম শব্দটো প্ৰথমে ব্যৱহাৰ হৈছিল কাৰণ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে প্ৰথমে ফটোগ্ৰাফিক ফিল্মৰ ব্যৱহাৰ কৰা হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত 'মুভি' শব্দটো, আৰু ইউৰোপ মহাদেশত 'ফিল্ম' শব্দটো বহুলভাৱে প্ৰচলিত। অন্যান্য নাম যেনে চাৰ', 'ফটো প্লে', 'ফ্লিক' আদিও বহুলভাৱে প্ৰচলিত। বিষয় অনুসৰি চলচ্চিত্ৰক মূলতঃ দুটা ভাগত ভগাব পাৰি: 'কাহিনী চিত্ৰ' আৰু 'তথ্যচিত্ৰ' কাহিনী চিত্ৰত এটা কাহিনী কোৱা হয়, আৰু তথ্যচিত্ৰত কোনো এটা বিষয়ৰ ওপৰত প্ৰবন্ধ ধৰ্মী চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। চলচ্চিত্ৰৰ ইতিহাস নাটক, নৃত্য আদিৰ দৰে পৰিবেশন কলাৰ কেবাটাও উপাদান চলচ্চিত্ৰৰো অভিন্ন অংগ, যেনে: চিত্ৰনাট্য (নাটক), সাজ-সজ্জা, পৰিচালনা, অভিনেতা, সংগীত আৰু দৰ্শক। মূলতঃ প্ৰযুক্তিৰ অভাৱতেই এই ঐতিহাসিক কলাবিলাকক 'ৰেকৰ্ড' কৰি পাছত প্ৰদৰ্শন কৰাৰ সুবিধা নাছিল। চলচ্চিত্ৰই মূলতঃ এই অসুবিধাটোকে দূৰ কৰিছিল। চলচ্চিত্ৰৰ যোগে যিকোনো পৰিবেশন কলাকে সাঁচি থৈ আকৌ চাব পৰা হ'ল। অৱশ্যে ধীৰে ধীৰে চলচ্চিত্ৰ কেৱল এটা সাঁচি থোৱা মাধ্যম হৈ নাথাকি নিজা শিল্পসত্তা এটাৰ সৃষ্টি কৰিবলৈ সক্ষম হয়। বৰ্তমান চলচ্চিত্ৰ এটা স্বয়ংসম্পূৰ্ণ শিল্প। ১৮৬০ চনৰপৰাই 'দৃষ্টি-জড়তা' পৰিঘটনাক ব্যৱহাৰ কৰি স্থিৰ ছবিক গতি দিয়া বিভিন্ন সঁজুলি গঢ়ি উঠিছিল। অৱশ্যে সেই বিলাক মূলতঃ খেলৰ সামগ্ৰীহ আছিল। 'জুট্ৰ'প', 'মিউটোস্কোপ', 'প্ৰাক্সিনোস্কোপ' ইত্যাদি এনে খেলনাৰ উদাহৰণ। এনে খেলনাত হাতে আঁকি লোৱা ছবি ব্যৱহাৰ কৰা হৈছিল। এই খেলনা বিলাকৰপৰাই পাছলৈ এনিমেছন গঢ় লৈ উঠে। ফটো তুলিবলৈ 'চেলুলয়ড'ৰ 'ফিল্ম' আৱিষ্কাৰ হোৱাৰ পাছতহৈ প্ৰকৃত চলচ্চিত্ৰৰ জন্ম হয়। চেলুলয়ডৰ ফিল্ম দীঘল কৰিবপৰা গৈছিল বাবে তাত একেলগে কেবা হাজাৰ স্থিৰ চিত্ৰ একেলগে সুমুৱাব পৰা গৈছিল। ফিল্ম ব্যৱহাৰ হোৱাৰ আগতে ফটো তুলিবলৈ কাঁচৰ প্লেট ব্যৱহাৰ কৰা হৈছিল। ১৮৭৮ চনত ইংৰাজ ফটোগ্ৰাফাৰ ইডৱাৰ্ড মাইব্ৰিজ-এ আমেৰিকাত এটা দৌৰি থকা ঘোঁৰাৰ ২৪খন ক্ৰমিক ছবি তোলে। এই ছবিসমূহত ঘোঁৰা এটাৰ দৌৰাৰ সময়ত হোৱা অংগ সঞ্চালনৰ ২৪টা ক্ৰমিক ছবি আছিল। এয়েই আছিল চলচ্চিত্ৰৰ প্ৰথম আৰম্ভণি। অৱশ্যে তেতিয়াও ইয়াক চলচ্চিত্ৰ বোলা হোৱা নাছিল। পাছত এই ছবি সমূহ কাগজত 'প্ৰিণ্ট' কৰি এটা ঘূৰি থকা ডাঙৰ বৰ্তুলাকাৰ আধাৰত একাদিক্ৰমে আঠা লগাই মানুহক দেখুওৱা হৈছিল। চাব লাগিছিল সৰু ফুটা এটাৰ মাজেৰে। তেনেদৰে চাই পঠিয়ালে ঘোঁৰাটোক আকৌ দৌৰি থকা দেখিবলৈ পোৱা গৈছিল। এই সঁজুলিটো ব্যৱসায়িক ভাৱে নিৰ্মাণ কৰা হৈছিল। আৰু পইচা সুমুওৱা সেইটো চাব পৰা ব্যৱস্থা আছিল। এয়েই আছিল চলচ্চিত্ৰৰ প্ৰাৰম্ভিক ৰূপ। প্ৰখ্যাত আৱিষ্কাৰক থমাছ আলভা এডিছন-এ গতিশীল বস্তুৰ ক্ৰমিক ছবি তুলিব পৰা যন্ত্ৰ এটাৰ আৱিষ্কাৰত মনোনিবেশ কৰে। এই কামৰ বাবে ১৮৮৮ চনত তেওঁ সহযোগী উইলিয়াম ডিকছন-ক দায়িত্ব দিয়ে। দুয়োজনে ক্ৰমিক ছবি তোলাৰ বাবে কাইনেট'গ্ৰাফ আৰু সেই ছবি চলন্ত অৱস্থাত চোৱাৰ বাবে কাইনেট'স্কোপ নামৰ এবিধ যন্ত্ৰ উদ্ভাৱন কৰে। ১৮৯৪ চনত 'কাইনেট'স্কোপ' যন্ত্ৰ বজাৰত মুকলি কৰা হয়। এই যন্ত্ৰত এটা ফুটাৰে চলন্ত ছবি ছোৱাৰ ব্যৱস্থা আছিল। সেয়ে এবাৰত এজন ব্যক্তিয়ে ছবি দৰ্শন কৰিব পাৰিছিল। এই অসুবিধা আঁতৰ কৰিবলৈ প্ৰতিদ্বন্দ্বী আৱিষ্কাৰকে সেই ছবি পৰ্দাত ডাঙৰকৈ প্ৰক্ষেপ কৰিব পৰা ব্যৱস্থা সাজি উলিয়ায়। থমাছ এৰ্মাট নিৰ্মিত এনে এটা যন্ত্ৰৰ আধাৰত এডিছনে নিজাকৈ এটা প্ৰজেক্টৰ নিৰ্মাণ কৰে আৰু নাম দিয়ে ভিটাস্কোপ ডাঙৰকৈ পৰ্দাত প্ৰক্ষেপ কৰি বহু মানুহে একলগে চাব পৰাকৈ প্ৰথমে চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হৈছিল ১৮৯৬ চনত। নিউ য়ৰ্ক চহৰৰ 'ক'ষ্টাৰ আৰু বিয়াল-ৰ সংগীত প্ৰেক্ষাগৃহ'ত এপ্ৰিল মাহৰ ২৩ তাৰিখে এই প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছিল। ১৮৯৪ চনত ছনে চলচ্চিত্ৰৰ লগত শব্দৰ সংযোগ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু নিৰ্বাক ছবিকেই ৰাইজে বিপুলভাৱে আদৰি লৈছিল। প্ৰথম অৱস্থাত একোটা দৃশ্যৰ চলচ্চিত্ৰ ৰূপ দি দেখুওৱা হৈছিল যদিও, সোনকালেই চলচ্চিত্ৰই কাহিনী ক'বলৈ আৰম্ভ কৰে। কাহিনী এটা দৰ্শকক ক'বলৈ কেবাটাও দৃশ্য সম্বলিত চলচ্চিত্ৰৰ জন্ম হয়। দৃশ্যৰ প্ৰয়োজনীয়তাৰ হিচাপত কেমেৰা আগুৱাই বা পিছুৱাই, বা কেমেৰাৰ কোণ সলনি কৰি নতুন ধৰণৰ দৃশ্য দেখুওৱাৰ প্ৰয়াস আৰম্ভ কৰা হয়। এনেদৰেই ধীৰে ধীৰে চলচ্চিত্ৰৰ ব্যাকৰণ গঢ় লৈ উঠে। স্ৰথম অৱস্থাৰ ছবিঘৰত নিৰ্বাক ছবিৰ লগত পিয়ানো বা অৰ্গেন বজোৱা হৈছিল। অৱশ্যে তাৰ মূল উদ্দেশ্য আছিল প্ৰজেক্টৰৰ ঘৰ-ঘৰ শব্দটো নোহোৱা কৰি ৰখাটোহে। সোনকালেই অৱশ্যে দৃশ্যাংশৰ লগত সংগতি ৰাখি বেলেগ সংগীত বজাবলৈ আৰম্ভ কৰা হয়। কিছুমান ছবিঘৰত এটা পৰিপূৰ্ণ অৰ্কেষ্ট্ৰাই ছবিৰ লগত সংগীত দিছিল। ১৯২০ চনৰপৰা চলচ্চিত্ৰৰ লগত চলচ্চিত্ৰত ব্যৱহাৰ কৰিব লগা সংগীতৰ স্বৰলিপিও নিৰ্মাতাৰ ফালৰপৰাই প্ৰস্তুত কৰি পঠিয়াই দিছিল। প্ৰথম বিশ্বযুদ্ধৰ বাবে ইউৰোপত চলচ্চিত্ৰৰ কাম লেহেমীয়া হৈ পৰে, আনহাতে এই সময়ছোৱাতে আমেৰিকাত নিৰ্মিত দুখন নিৰ্বাক ছবিয়ে চলচ্চিত্ৰক এটা মৰ্য্যদাপূৰ্ণ শিল্পৰ শাৰীত বহুৱাবলৈ সক্ষম হয়। ডি. ডব্লু. গ্ৰিফিথ-ৰ 'দা বাৰ্থ অৱ এ নেছন' আৰু 'ইনট'লাৰেন্স' এই দুখন ছবিয়ে চলচ্চিত্ৰ নিৰ্মাণ শেলীত বাৰুকৈয়ে প্ৰভাৱ পেলাবলৈ সক্ষম হয়। প্ৰধম বিশ্বযুদ্ধৰ পাছত ইউৰোপতো কেবা গৰাকী চলচ্চিত্ৰ নিৰ্মাতাই নতুন নতুন পৰীক্ষা নিৰীক্ষাৰে চলচ্চিত্ৰ শিল্পক এটা স্বয়ংসম্পূৰ্ণ কলাৰ ৰূপ দিয়ে। এওঁলোকৰ ভিতৰত তিনিগৰাকী বিশেষ ভাৱে উল্লেখযোগ্য ব্যক্তি আছিল--ছেৰ্গেই আইজেনষ্টাইন, ফ্ৰেডেৰিক উইলহেল্ম মাৰ্নো আৰু ফ্ৰিজ লেং। প্ৰায় একে সময়তে আমেৰিকাত চাৰ্লি চেপলিন আৰু বাষ্টাৰ কীটন-এ চলচ্চিত্ৰক বিপুলভাৱে জনপ্ৰিয় কৰি তোলাৰ উপৰিও নতুন নতুন অৱদানেৰে সমৃদ্ধ কৰি থৈ যায়। ১৯২৪ চনৰপৰা চলচ্চিত্ৰত শব্দৰ প্ৰয়োগ আৰম্ভ হয়। ১৯২৭ চনত নিৰ্মিত 'দা জেজ ছিংগাৰ' নামৰ ছবিখনক প্ৰথম সবাক ছবি বোলা হয় যদিও তাৰ আগতেও চলচ্চিত্ৰত শব্দৰ প্ৰয়োগ কৰা হৈছিল পৰীক্ষনীয় হিচাপে। এনিমেছন ছবিত শব্দৰ প্ৰথম প্ৰয়োগ হয় ১৯২৪ চনত মেক্স ফ্লেইছাৰৰ ষ্টুডিঅ'ৰপৰা নিৰ্মিত 'কোকো ছং কাৰ টিউনছ' নামৰ ছবিখনৰপৰা। শব্দ সম্বলিত চলচ্চিত্ৰক 'টকীং চাৰ' বা চমুকৈ 'টকী' বোলা হৈছিল। বোলছবি বা কথাছবি বুলিলে প্ৰকৃত অৰ্থত 'টকী'ক বুজোৱা হয়। শব্দ সম্বলিত চলিচত্ৰক মানুহে বিপুল ভাৱে আদৰি লৈছিল। সেয়ে সোনকালেই নিৰ্বাক ছবিৰ নিৰ্মাণ প্ৰায় বন্ধ হৈ যায়। ইমানদিনলৈ চলচ্চিত্ৰ আচল মাত্ৰ ক'লা-বগা ৰঙত। ক্ৰমান্বয়ে চলচ্চিত্ৰত 'স্বাভাৱিক ৰঙ'ৰ প্ৰয়োগ কৰা হৈছে। স্বাভাৱিক ৰঙ বোলোতে পিছে বাস্তৱ পৃথিৱীৰ ৰঙৰ নিচিনা বুজোৱা হোৱা নাছিল। কেমেৰাৰ ৰঙৰ সৈতে ছবি তোলা পদ্ধতিকহে 'স্বভাৱিক ৰঙ' বোলা হৈছিল। ক'লা-বগা ৰীলত ৰঙ দি বা অন্য উপায়েৰে ছবিত ৰঙ দিয়াটোক 'স্বাভাৱিক ৰঙ' বোলা নহৈছিল। নামত 'স্বাভাৱিক ৰঙ' হ'লেও পিছে প্ৰথম অৱস্থাৰ ৰঙীন ছবিবোৰত স্বভাৱিক ৰঙ দেখা নগৈছিল। তিনি তৰপীয়া ৰঙীন ছবি তোলাৰ ব্যৱস্থা থকা নিকালাৰ' পদ্ধতি আৱিষ্কাৰ হোৱাৰ পাছত হে কিছু পৰিমাণে স্বাভাৱিক ৰঙ দেখা গৈছিল। এই পদ্ধতিৰে ১৯৩৪ চনত কেবাখনো ছবি আংশিক ভাৱে ৰঙীন কৰি নিৰ্মাণ কৰা হৈছিল। ১৯৩৫ চনত নিৰ্মাণ হোৱা 'বেকী ছাৰ্প' আছিল প্ৰথমখন সম্পূৰ্ণ ৰঙীণ ছবি। চলচ্চিত্ৰক শব্দৰ প্ৰয়োগক দৰ্শকে বিপুল উৎসাহেৰে আদৰি লৈছিল যদিও, ৰঙৰ সংযোজনে ইমান বিপুল সঁহাৰি পোৱা নাছিল। সেয়ে ৰঙীন ছবিৰ লগতে ক'লা-বগাৰ ছবিৰ নিৰ্মাণো বহুত দিনলৈ চলি আছিল। বৰ্তমানেও ক'লা-বগা ছবি পৰীক্ষামূলক ভাৱে নিৰ্মাণ কৰা হয়। অৱশ্যে সেয়া বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখিহে। ১৯৫০-ৰ দশকৰ প্ৰথম ভাগত আমেৰিকাত প্ৰথম ক'লা-বগা দূৰদৰ্শনৰ প্ৰচলন ঘটে। দূৰদৰ্শনে চলচ্চিত্ৰৰ ব্যৱসায়ত বাধাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰৈ। তেতিয়াই ক'লা-বগা দূৰদৰ্শনৰ বিপৰীতে ৰঙীন ছবি নিৰ্মাণ কৰি চলচ্চিত্ৰক আকৌ জনপ্ৰিয় কৰি তোলাৰ প্ৰয়াস কৰা হয়। সেই সময়ৰেপৰা ৰঙীন ছবিৰ নিৰ্মাণ বৃদ্ধি পায়। ১৯৬০-ৰ দশকত ৰঙীন টিভিৰ প্ৰসাৰ ঘটে। তেতিয়াৰে পৰা ক'লা-বগা ছবিৰ নিৰ্মাণ আমেৰিকাত বন্ধ হোৱাৰ নিচিনাই হৈ পৰে। ভাৰতীয় আৰু বিশেষকৈ অসমীয়া ভাষাৰ ছবি ১৯৭০-ৰ দশকলৈ ক'লা-বগা আছিল। ইয়াৰ বাবে অৱশ্যে খৰচৰ কথাটোহে মুখ্য আছিল। প্ৰথম সময়ৰ (১৯৬০ চনলৈ) চলচ্চিত্ৰ নিৰ্মাণৰ মূল কেন্দ্ৰ আছিল ষ্টুডিঅ'সমূহ। ষ্টুডিঅ'বিলাকে মাহিলী দৰমহা দি শিল্পী, কলা-কুশলী ৰাখিছিল, আৰু তেওঁলোকৰ দ্বাৰা চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। ৬০-ৰ দশকৰপৰা এই ব্যৱস্থা উঠি গৈ এখন ছবিৰ বাবে মাননি ভিত্তিত শিল্পী, কলা-কুশলী সংগঠিত কৰা আৰম্ভ কৰা হয়। এই প্ৰচেষ্টাত পৰিচালকে নিজা খেয়াল-খুচী মতে ছবি নিৰ্মাণৰ সুবিধা পায়। সেয়ে এই কালতে পাৰম্পৰিক ধাৰাৰ ছবিৰ বাহিৰে 'নতুন ধাৰা' 'সমান্তৰাল চলচ্চিত্ৰ' আদি বিভিন্ন ধাৰাৰ চলচ্চিত্ৰ নিৰ্মাণ হ'বলৈ আৰম্ভ কৰে। ১৯৯০-ৰ দশকত চলচ্চিত্ৰ নিৰ্মাণত ডিজিটেল প্ৰযুক্তিৰ প্ৰবেশ ঘটে। এই সময়চোৱাৰপৰা চলচ্চিত্ৰ নিৰ্মাণ কাৰীকৰি কলা-কৌশল বিশেষ ভাৱে সলনি হয়। তত্ত্ব চলচ্চিত্ৰ তত্ত্বই চলচ্চিত্ৰ অধ্যয়নৰ বাবে কিছুমান 'ধাৰণা' গঢ় দিয়াৰ প্ৰয়াস কৰে। চলচ্চিত্ৰ তত্ত্বৰ প্ৰথম আৰম্ভণি ঘটে 'ৰিকিঅ'টো কেনুড'ৰ 'দা বাৰ্থ অৱ দা থ আৰ্ট' নামৰ কিতাপখনত। ৰুড্লফ আৰ্নহাইম, বেলা বালাজ, আৰু ছিগফ্ৰাইড ক্ৰকাৰ )-এ 'গাঠনিক চলচ্চিত্ৰ তত্ত্ব'-ৰ পোষকতা কৰে। এই তত্ত্ব অনুসৰি বাস্তৱৰ লগত পাৰ্থক্যই চলচ্চিত্ৰ শিল্পৰ মূল কলাত্মক ভেঁটি। কিন্তু আন্দ্ৰে বাজিন-এ এই তত্ত্বৰ বিৰোধিতা কৰি কয় যে চলচ্চিত্ৰৰ কলাত্মক ভিত্তি হৈছে বাস্তৱক পুনৰ-নিৰ্মাণ কৰাত হে বাস্তৱৰ লগত পাৰ্থক্য অনাত নহয়। বাজিনৰ তত্ত্বক 'বাস্তৱবাদী তত্ত্ব' বোলা হয়। চলচ্চিত্ৰৰ নতুন পণ্ডিতসকলে চলচ্চিত্ৰৰ মনোবৈশ্লেষণিক তত্ত্ব, গাঠনিক তত্ত্ব, নাৰীবাদী তত্ত্ব আদি কেইবাটাও নতুন ধাৰণাৰ জন্ম দিছে। আনহাতে এই তাত্বিক ধাৰণাবোৰৰ সলনি চলচ্চিত্ৰৰ কলাক 'জীৱন দৰ্শনৰ এক প্ৰতিফলন' বুলি কব খোজে। 'ৱিটজেনষ্টাইন' এই ধাৰণাৰ মূল প্ৰতিষ্ঠাপক। চলচ্চিত্ৰৰ ভাষা চলচ্চিত্ৰৰ এটা নিজস্ব ভাষা থকা বুলি কোৱা হয়। ছ মোনাকো-ৰ ৰছিত 'হাউ টু ৰিড এ ফিল্ম' গ্ৰন্থত চলচ্চিত্ৰৰ ভাষাৰ আলোচনা কৰা হৈছে। প্ৰখ্যাত পৰিচালকে ইংমাৰ বাৰ্গমেন-এ ৰাছিয়ান পৰিচালক 'আন্দ্ৰেই টাৰক'ভস্কি' ]]-ক প্ৰচুৰ প্ৰশংসা কৰি কৈছিল যে টাৰক'ভস্কিয়ে চলচ্চিত্ৰক এটা নিজস্ব ভাষা দিবলৈ সক্ষম হৈছিল, আৰু এই ভাষা জীৱনৰে এটা প্ৰতিফলন হৈ চলচ্চিত্ৰক জীৱনৰে এটা সপোনৰ ৰূপ দিবলৈ সক্ষ হৈছিল চলচ্চিত্ৰৰ ভাষাৰ এটা সৰু উদাহৰণ স্বৰূপে আগবঢ়াব পাৰি যে দুজন অভিনেতাৰ এজনৰ সোঁফাল দেখুৱাই কিছু সময় পাছত আনজনৰ বাওঁফালটো দেখুৱাই আৰু এই ক্ৰমৰ পুনৰাবৃত্তি কৰি দুয়োজনৰ মাজত কথোপকথন চলি থকাৰ ধাৰণা দৰ্শকক দিব পাৰি। সেইদৰে এজন অভিনেতাৰ কপালৰ ওচৰলৈ ক্ৰমান্বয়ে কেমেৰা জুম কৰি নি আৰু প্ৰায় একে দেখাত আন এজন কম বয়সীয়া অভিনেতাৰ চিত্ৰ দেখুৱাই অভিনেতাজনৰে জীৱনৰ স্মৃতি বুলি দৰ্শকক বুজাব পাৰি। এই ধাৰণাবিলাক এতিয়া তেনেই সাধাৰণ যেন লাগিলেও এয়েই আছিল প্ৰথম অৱস্থাৰ চলচ্চিত্ৰৰ ব্যাকৰণ আৰু এই কৌশলবোৰ আৱিষ্কাৰ কৰি তাক বৰ্তমানৰ ৰূপ দিবলৈ বহুতো বছৰৰ সাধনাৰ প্ৰয়োজন হৈছিল। মন্তাজ 'মন্তাজ' চলচ্চিত্ৰ সম্পাদনাৰ এটা কৌশল। নিৰ্বাক যুগত ক্ৰমবিহীন দুটা দৃশ্যক একেলগে দৰ্শাই দৃশ্যটোৰ অৰ্থ সলনি কৰি দিবলৈ বা দৃশ্যাংশৰ আবেদন অধিক তীব্ৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। সবাক ছবি অহাৰ পাছত একে প্ৰক্ৰিয়াকে কেতিয়াবা দৃশ্যৰ লগত মিল নথকা শব্দ প্ৰয়োগ কৰি বা আন বহুতো কৌশলেৰে প্ৰয়োগ কৰা হৈছে। 'ছোলে' বোলছবিৰ গব্বৰ সিঙৰ চৰিত্ৰটোৱে গাঁৱৰপৰা বাহিৰলৈ পঢ়িবলৈ যোৱাৰ সময়ত কিশোৰ এজনক হত্যা কৰাৰ দৃশ্যটো নেদেখুৱাই তাৰ ঠাইত হাতত পৰি থকা মাখি এটা মৰাৰ দৃশ্য দেখুৱাই সমাপ্ত কৰা হয়। মাখি মৰাৰ দৃশ্যটো যদিও মূল কাহিনীৰ লগত লগত সংগতিহীন, তথাপিও সেই দৃশ্যাংশৰ অৰ্থটো মাখি মৰা কাৰ্য্যই সম্পূৰ্ণ কৰে। অৱশ্যে এই দৃশ্যটোত সৰু ঘটনাটো ঘটনাকালত ঘটি যোৱা এটা সৰু খুঁটি-নাটি হিচাপে দেখুওৱা হৈছে। আজিকালিৰ চলচ্চিত্ৰত মন্তাজক প্ৰায়েই ছবিৰ কাহিনীৰ খুঁটি-নাটিৰ লগত সংলগ্ন দৃ্শ্য ব্যৱহাৰ কৰি কৰা হয়। মন্তাজৰ সফল প্ৰয়োগৰ বাবে ছেৰ্গেই আইজেনষ্টাইনৰ ছবিসমূহ অগ্ৰনী আছিল বুলি কোৱা হয়। চলচ্চিত্ৰ সমালোচনা চলচ্চিত্ৰ সমালোচনাই চলচ্চিত্ৰৰ বিশ্লেষণ আৰু মূল্যায়নক সাঙুৰি লয়। চলচ্চিত্ৰ সমালোচনা মূলতে দুই প্ৰকাৰৰ: বিদ্যায়তনিক আৰু সংবাদভিত্তিক। বিদ্যায়তনিক সমালোচনাত চলচ্চিত্ৰৰ ধ্যান-ধাৰণা, ব্যাকৰণ আদিৰ ওপৰত অধ্যয়ন কৰা হয় আৰু সাধাৰণতে চলচ্চিত্ৰৰ পণ্ডিত, ছাত্ৰ আৰু চলচ্চিত্ৰ নিৰ্মাণকাৰীৰ মাজতে সীমাবদ্ধ থাকে। আনহাতে সংবাদভিত্তিক সমালোচনাত কোনো এখন চলচ্চিত্ৰৰ সমালোচনা আগবঢ়োৱা হয়, য'ত পঢ়ুৱৈ হয় সাধাৰণ ৰাইজ আৰু ঘাইকৈ সমালচনা কৰা ছবিখনৰ ভাল, বেয়া দিশবোৰ আঙুলিয়াই দিয়া হয়। সংবাদভিত্তিক সমালোচনা বহুলকৈ বাতৰি-কাকত বা অন্যান্য গণ-সংযোগৰ মাধ্যমত প্ৰকাশ কৰা হয়। সংবাদভিত্তিক সমালোচকক বহুতে সমালোচক বুলি নকৈ চলচ্চিত্ৰ পৰ্য্যালোচক বুলিহে ক'ব খোজে। প্ৰকৃত সমালোচকে চলচ্চিত্ৰৰ বিদ্যায়তনিক দিশত বেছি গুৰুত্ব দিয়ে। তেওঁলোকে একোখন ছবিৰ ওপৰত মন্তব্য দিয়াতকৈ (নতুন দিগ-দৰ্শক ছবিৰ বাহিৰে) চলচ্চিত্ৰই কেনেকৈ সমাজক প্ৰভাৱান্বিত কৰে, আৰু তাৰ ওলোটাটো, চলচ্চিত্ৰৰ নিৰ্মাণৰ গাঠনিগত সাল-সলনি ইত্যাদিৰ ওপৰত আলোচনা কৰে। বিদ্যায়তনিক আলোচনা বাতৰি কাকতৰ দৰে বহুল প্ৰচাৰিত গণ-মাধ্যমত প্ৰকাশ নহৈ গৱেষণা-পত্ৰ হিচাপেহে প্ৰকাশিত হয়। এনে সমালোচক সাধাৰণতে বিদ্যায়তনিক প্ৰতিষ্ঠানৰ অংগ হয়। চলচ্চিত্ৰ উদ্যোগ চলচ্চিত্ৰ নিৰ্মাণ আৰু প্ৰদৰ্শন এটা লাভজনক ব্যৱসায়। প্ৰথম আৰম্ভণিৰ পৰাই চলচ্চিত্ৰ জনসাধাৰণৰ মাজত বিপুল ভাৱে জনপ্ৰিয় হৈ পৰে, সেয়ে অতি সোনকালেই চলচ্চিত্ৰ নিৰ্মাণ এটা লাভজনক ব্যৱসায় হিচাপে গঢ় লৈ উঠে। ১৮৯০-ৰ দশকত 'লুমিয়েৰ ভাতৃদ্বয়ে' আৰু আৱিষ্কাৰ কৰে 'চিনেমাটোগ্ৰাফ' নামৰ এবিধ বিশেষ যন্ত্ৰ। এই যন্ত্ৰটো মূলতে এটা চলচ্চিত্ৰৰ কেমেৰা হ'লেও ইয়াৰ সহায়ত কেমেৰাৰ ফিল্ম পৰিস্ফূটন কৰাৰ উপৰিও প্ৰজেক্টৰ হিচাপে ব্যৱহাৰ কৰি পৰ্দাত চাব পৰা গৈছিল। কিছু সংখ্যকৰ মতে এই যন্ত্ৰৰ মূল আৱিষ্কাৰক আছিল 'লিঅ'ন ব'লি' তেখেতে ১৮৯২ চনত এই যন্ত্ৰ নিৰ্মাণ কৰিছিল যদিও ধনৰ অভাৱত তাক পেটেণ্ট কৰিব নোৱাৰিলে। তেখেতৰপৰাই লুমিয়েৰ ভাতৃদ্বয়ে এই যন্ত্ৰ কিনি লয় আৰু নিজৰ নামত পেটেণ্ট লয় ১৩ ফেব্ৰুৱাৰী ১৮৯৫ চনত। তেওঁলোকে এই যন্ত্ৰৰদ্বাৰাই প্ৰথম ছবি তোলে ১৯ মাৰ্চ, ১৮৯৫ চনত। প্ৰথম লোৱা ছবি আছিল তেওঁলোকৰ কলঘৰৰপৰা ওলাই গৈ থকা শ্ৰমিক সকলৰ গতিশীল ছবি। ছবিখনৰ নাম আছিল 'লুমিয়ৰ কলঘৰৰপৰা প্ৰস্থানৰত কৰ্মীবৃন্দ' লুমিয়েৰ ভাতৃদ্বয়ে এই ছবিখন প্ৰথমে ব্যক্তিগত ভাৱে প্ৰদৰ্শন কৰে ১৮৯৫ চনৰ ২২ মাৰ্চত। একেখন ছবিৰে প্ৰথম ৰাজহুৱা প্ৰদৰ্শন কৰা হয় একে চনৰ ২৮ ডিচেম্বৰ তাৰিখে পেৰিছৰ এখন কাফেত লুমিয়েৰ ভাতৃদ্বয়ৰ এই ছবিখনকে প্ৰথম চলচ্চিত্ৰ বুলি সাধাৰণ ভাৱে অভিহিত কৰা হয় যদিও চলচ্চিত্ৰৰ ছবি তোলা বিশেষ কেমেৰা ব্যৱহাৰ কৰি তোলা প্ৰথমখন চলচ্চিত্ৰ আছিল 'লুই লে প্ৰিন্স'ৰ ১৮৮৮ চনত নিৰ্মিত 'ৰাউণ্ডহে গাৰ্ডেন চিন' প্ৰথম নিৰ্মিত ছবিৰ প্ৰতি ৰাইজৰ সঁহাৰিলৈ চাই লুমিয়েৰ ভাতৃদ্বয়ে ঠায়ে ঠায়ে ভ্ৰমি চলচ্চিত্ৰ প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে প্ৰথমে গৈ ঠাইখনৰে কিছুমান চলচ্চিত্ৰ তুলি লৈ সেই বিলাকো প্ৰদৰ্শনত সংযোগ কৰিছিল। এনেদৰেই তেওঁলোকে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতি বহুতকে আকৰ্ষিত কৰি তোলে আৰু তেওঁলোকৰ যন্ত্ৰৰ বিক্ৰীও বাঢ়ি আহিবলৈ ধৰে। ১৮৯৮ চনত নিৰ্মিত 'অবেৰামেৰ্জ' পেছন প্লে' )-ক প্ৰথম কাহিনী ভিত্তিক চলচ্চিত্ৰ বুলি কোৱা হয়। এইখন আচলতে বাভাৰিয়াৰ একে নামৰ গাঁৱ এখনত যীচু খ্ৰীষ্টৰ কাহিনী দৰ্শাই কৰা এখন নাটক। সোনকালেই কাহিনী চিত্ৰৰ নিৰ্মাণ বাঢ়ি আহে। আৰু ইয়াৰ জনপ্ৰিয়তাই নাটক আৰু অপেৰাৰ জনপ্ৰিয়তাক চেৰ পেলাবলৈ সক্ষম হয়। লগে লগেই ব্যৱসায়ভিত্তিত চলচ্চিত্ৰ নিৰ্মাণ আৰম্ভ কৰা হয়। প্ৰথম অৱস্থাৰ ষ্টুডিঅ' বিলাকত মাহিলী দৰমহাৰ ভিত্তিত অভিনেতা, কলা-কুশলী ৰখা হৈছিল আৰু তেওঁলোকৰ দ্বাৰা চলচ্চিত্ৰ নিৰ্মাণ কৰি ৰাইজলৈ আগবঢ়োৱা হৈছিল। দূৰদৰ্শনৰ প্ৰচলন হয় ১৯৩১ চনৰপৰা, কিন্তু দূৰদৰ্শনৰ বাবে ছবি তুলিবলৈও ফিল্ম কেমেৰাৰ ব্যৱহাৰ কৰা হৈছিল ১৯৫৬ চনলৈ। কাৰণ চলচ্চিত্ৰ সংৰক্ষণৰ বাবে চুম্বকীয় ফিতাৰ ব্যৱহাৰ সেই চনৰপৰাই হৈছিল। চলচ্চিত্ৰ নিৰ্মাণ মূলতঃ কলা যদিও ইয়াৰ নিৰ্মাণ যথেষ্ট ব্যয়বহুল হোৱা বাবে আৰম্ভণিৰ পৰাই চলচ্চিত্ৰ এক ব্যক্তিগত কলা নহৈ ব্যৱসায়িক ৰুপটোৱে প্ৰাধান্য পাই আহিছে। ১৯৬০ চনৰপৰা মাহিলী দৰমহা দিয়া ষ্টুডিঅ'ৰ ব্যৱস্থা বন্ধ হৈ যায়। তাৰ ঠাইত গা কৰি উঠে ছবিখনৰ প্ৰয়োজন বা জনপ্ৰিয়তালৈ চাই অভিনেতা, অভিনেত্ৰী, পৰিচালক আদি নিৰ্বাচন কৰি চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়া। এই পদ্ধতিত মূল ব্যয় ষ্টুডিঅ'ই কৰে যদিও কলা-কুশলী সকলে নিজৰ কামৰ বাবে মাননি লয়। পৃথিৱীৰ প্ৰায় প্ৰতিখন দেশতে চলচ্চিত্ৰ নিৰ্মাণ উদ্যোগে গা কৰি উঠিছে। আমেৰিকাত চলচ্চিত্ৰ উদ্যোগ কেলিফৰ্নিয়া চহৰৰ হলিউড অঞ্চলৰ আশে-পাশে হোৱা বাবে আমেৰিকাৰ ছবি সমূহক হলিউডৰ ছবি বুলি কোৱা হয়। একেদৰেই ভাৰতৰ হিন্দী ছবিৰ মূল কেন্দ্ৰ মুম্বাই-ত (আগতে বোম্বাই) বাবে বলীউড-ৰ ছবি বুলি কোৱা হয়। চলচ্চিত্ৰ নিৰ্মাণ বৰ্তমান এটা লাভজনক কোটি-টকীয়া উদ্যোগ। কাহিনী ভিত্তিক চলচ্চিত্ৰৰ বাহিৰেও শৈক্ষিক ছবি, এনিমেছন ছবি, বিজ্ঞাপনৰ ছবি, প্ৰাপ্তবয়স্কৰ ছবি ইত্যাদি বিভিন্ন ছবিৰ বাবে পৃথক উদ্যোগ আছে। সংলগ্ন অন্যান্য ক্ষেত্ৰ চলচ্চিত্ৰৰ ওপৰত ভিত্তি কজৰি বহুতো নতুন নতুন ক্ষেত্ৰ আৰু পেছা গঢ় লৈ উঠিছে। পেছা সমূহৰ বিষয়ে তলত আলোচনা কৰা হৈছে। এই অংশত মাত্ৰ চলচ্চিত্ৰৰ লগত জড়িত বিদ্যায়তিন ক্ষেত্ৰবোৰৰ বিষয়ে উনুকিওৱা হৈছে। 'চলচ্চিত্ৰ সমালোচনা', 'চলচ্চিত্ৰৰ ইতিহাস', 'চলচ্চিত্ৰৰ শ্ৰেণী বিভাগ', 'মানসিক জগতত চলচ্চিত্ৰৰ প্ৰভাৱ' ইত্যাদি চলচ্চিত্ৰৰ সতে জড়িত অধ্যয়নৰ ক্ষেত্ৰ। চলচ্চিত্ৰৰ লগত সাংবাদিকতাৰো সংযোগ ঘটিছে। চলচ্চিত্ৰ সাংবাদিকতা, চলচ্চিত্ৰ পৰ্য্যালোচনা, চলচ্চিত্ৰ বিষয়ক আলোচনী আদিও চলচ্চিত্ৰৰ লগত জড়িত অন্যান্য ক্ষেত্ৰ। চলচ্চিত্ৰ উদ্যোগৰ দলগত প্ৰত্যক্ষ ভাৱে জড়িত হৈ আছে ছবি হল আৰু ইয়াক কেন্দ্ৰ কৰি গড় লৈ উঠা বিভিন্ন ব্যৱসায়। চলচ্চিত্ৰৰ দ্বাৰা দূৰদৰ্শনৰো বহুতো অনুষ্ঠান প্ৰত্যক্ষ ভাৱে প্ৰভাৱিত হয়। চলচ্চিত্ৰৰ কিছুমান পৰিভাষা চলচ্চিত্ৰ আৰু বোলছবিৰ পাৰ্থক্য আগতেই আলোচনা কৰা হৈছে। অকল 'ছবি' শব্দৰেও চলচ্চিত্ৰৰ কথা বুজোৱা হয়। চলচ্চিত্ৰৰ বিষয়, নিৰ্মাণ শৈলী, আৰু উদ্দ্যশিত বাণিজ্যিক আবদেনলৈ লক্ষ্য কৰি চলচ্চিত্ৰক কলাত্মক, তাত্বিক, বাণিজ্যিক আদি বিভিন্ন ভাগত ভগোৱা হয়। অৱশ্যে এই বিভাজনৰ যথেষ্ট সীমাবদ্ধতা আছে। একেখন ছবিয়েই কেতিয়াবা দুটা ভাগত একেসময়তে সুমুৱাব পাৰি। চলচ্চিত্ৰ আজিকালি অকল ফিল্মৰ ৰূপতে আবদ্ধ হৈ থকা নাই। চুম্বকীয় ফিতাৰ ৰূপত চলচ্চিত্ৰ সংৰক্ষণ আৰু প্ৰদৰ্শনৰ ব্যৱস্থা ৬০-ৰ দশকতে আৰম্ভ হৈছিল। ১৯৯০-ৰ দশকত চিডি (কমপেক্ট ডিস্ক) আৰু পাছলৈ ডিভিডি (ডিজিটেল ভাৰ্ছেটাইল ডিস্ক) আৰু অতি শেহতীয়া ভাৱে 'ব্লু-ৰে' ৰূপতো উপলব্ধ হৈছে। চলচ্চিত্ৰ নিৰ্মাণৰ কেমেৰাৰে ছবি তোলা কাৰ্য্যক ছুটিং বা ফিল্মিং বুলি কোৱা হয়। ৰূপালি পৰ্দা শব্দৰেও চলচ্চিত্ৰক বুজোৱা হয়। আজিকালি এই শব্দৰ প্ৰয়োগ ঘাইকৈ পুৰণি দিনৰ ছবিৰ বাবে ব্যৱহাৰ কৰা হয়। চলচ্চিত্ৰৰ ফ্ৰেমৰ দীঘ আৱু প্ৰস্থৰ অনুপাত অনুসৰি মূলতঃ দুটা ভাগত ভগোৱা হয়--'ৱাইডস্ক্ৰীন' বা 'চিনেমাস্কোপ' আৰু ৩৫ মিমি.। চিনেমাস্কোপ পদ্ধতিত প্ৰস্থ আৰু দৈৰ্ঘৰ অনুপাত ১৬:৯ আৰু ৩৫ মিমি-ত ৪:৩ ৰখা হয়। ইয়াৰ বাহিৰেও অন্যান্য অনুপাতো আছে যদিও এই দুবিধেই বহুল ভাৱে ব্যৱহাৰ কৰা হয়। চিনেমাস্কোপ পদ্ধতিত ছবি তোলোতে ডাঙৰ আকাৰৰ (১৬:৯ অনুপাতৰ) ফিল্ম ব্যৱহাৰ কৰা হয়, কিন্তু সেই ফিল্মক এনাম'ৰ্ফিক পদ্ধতিৰে ৩৫ মিমিলৈ সলনি কৰি প্ৰজেক্টৰত এনাম'ৰ্ফিক লেন্স ব্যৱহাৰ কৰি আকৌ ১৬:৯ অনুপাতত পৰিবৰ্ধিত কৰিব পাৰি। সাধাৰণতে এই পদ্ধতিৰে একেটা প্ৰজেক্টৰত মাত্ৰ লেন্স সলনি কৰিয়েই দুয়োবিধ অনুপাতৰ ছবি প্ৰদৰ্শন কৰিব পাৰি। দৈৰ্ঘ্য অনুসৰি চলচ্চিত্ৰক 'কাহিনী দৈৰ্ঘৰ ছবি' 'চুটি ছবি' এই দুটা ভাগত ভগোৱা হয়। দুয়োটাৰে কোনো নিৰ্দিষ্ট সময় সীমা বন্ধা নাই যদিও কাহিনী দৈৰ্ঘৰ ছবি ১:৩০ ঘণ্টাতকৈ দীঘল আৰু চুটি ছবি আধা ঘণ্টাতকৈ দীঘল কৈ বনোৱা হয়। প্ৰচলিত ষ্টুডিঅ' ব্যৱস্থাৰ বাহিৰত নিৰ্মিত ছবিক 'স্বাধীন ছবি' বোলা হয়। পূৰ্বদৰ্শন দৰ্শকৰ বা মুকলি কৰি দিয়াৰ আগতে নিৰ্বাচিত দৰ্শকক ছবিখন দেখুওৱা হয়। সাধাৰণতে পৰিবেশক, উদ্দেশ্যিত দৰ্শক বা বিশেষ গোটত ছবিখন দেখুওৱা হয়, যাতে তেওঁলোকৰ মতামত জানিব পৰা যায়। এই গোটৰ সহাঁৰিলৈ লক্ষ্য ৰাখি ছবিখনৰ কেতিয়াবা সালসলনিও ঘটোৱা হয়। ট্ৰেইলাৰ নিৰ্মিত চলচ্চিত্ৰ এখনৰ বিজ্ঞাপনৰ বাবে ছবিখনৰ দৃশ্যাংশৰ টুকুৰা ছবিএখন ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়। ইয়াকে ট্ৰেইলাৰ বোলা হয়। আগতে মূল ছবিৰ শেষত এই অংশটো দেখুওৱা হৈছিল বাবে ইয়াক ট্ৰেইলাৰ (ইং: শব্দৰপা অহা) বোলা হৈছিল। আজিকালি অৱশ্যে ট্ৰেইলাৰ ছবিৰ আগতে বা মাজৰ 'বিৰাম'ৰ সময়ত দেখুওৱা হয়। এতিয়া ট্ৰেইলাৰখনত ছবিৰ দৃশ্যাংশৰ বাহিৰেও আন সমলো কেতিয়াবা সংযোগ কৰা হয়। শিক্ষামূলক আৰু বিশেষ উদ্দেশ্যৰ চলচ্চিত্ৰ মনোৰঞ্জনৰ বাহিৰেও চলচ্চিত্ৰ শিক্ষমূলক বা বিশেষ উদ্দেশ্যধৰ্মীও হ'ব পাৰে। যেনে কোনো বিশেষ বিষয়ৰ ওপৰত দিয়া বক্তৃতাৰ ছবি, কোনো এটা বিষয়ৰ জ্ঞান দিয়াৰ বাবে নিৰ্মিত ছবি, ইত্যাদি। চলচ্চিত্ৰক কেতিয়াবা বিশেষ উদ্দেশ্য পূৰণ কৰিবৰ বাবেও নিৰ্মাণ কৰা হয়। যুদ্ধৰ সময়ত দেশবাসীক উদ্বুদ্ধ কৰিবলৈ, বিশেষ পন্থাৱলম্বী গোটে আন মানুহক নিজৰ গোটত যোগ দিয়াবলৈ এনে চলচ্চিত্ৰ নিৰ্মাণ কৰে। টোকা তথ্যসূত্ৰ বাহ্যিক সংযোগ
70779
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A6%BE%E0%A6%A4%E0%A6%BF%20%E0%A6%B8%E0%A7%87%E0%A7%B1%E0%A6%BE
ৰাতি সেৱা
ৰাতি সেৱা বা ভিতৰপকীয়া (পকা) অনুষ্ঠান হৈছে আহোম সমাজত কেৱলীয়া পন্থা বা ভিতৰসেৱা মানি চলা এক তান্ত্ৰিক বৌদ্ধ-বৈষ্ণৱ আৰু হিন্দু মতৰ সময়ত গঢ়ি উঠা এক ধৰ্মীয় কৃষ্টি। এনে ভিতৰপকীয়া সদৃশ-বৈষ্ণৱ তথা তান্ত্ৰিক সেৱা আহোম সকলৰ লগতে, পৰম্পৰাগত ভাৱে উজনি অসমৰ অন্যান্য সম্প্ৰদায়সমূহৰ মাজতো প্ৰচলিত। মতভেদ কেৱল ধৰ্ম সম্প্ৰদায়ক কাল সংহতিৰ এটা ডাল বুলি সাধাৰণতে কোৱা হয় আৰু ৰাতি সেৱা বা ভিতৰ সেৱাৰ লগত এই কেৱলীয়া মতৰ পাৰ্থক্য আছে বুলি মানি লোৱা নহয়। কোনো কোনো আহোম পণ্ডিতৰ মতে উজনি অসমৰ আহোমসকলৰ মাজত চলা কেৱল ধৰ্মত এক সুকীয়া পৰম্পৰা আছে। উজনি অসমৰ আহোম সম্প্ৰদায়ৰ মাজত চলা এই ধৰ্মত এক সুকীয়া আহোম পৰম্পৰা নিহিত হৈ আছে। বুদ্ধই যেন হৰিলৈ ৰূপান্তৰ ঘটিছে ড° পদ্মেশ্বৰ গগৈয়ে ৰাতি সেৱা সম্প্ৰদায়ক কাল সংহতিৰ এটা ডাল বুলিছে। তেওঁৰ মতে, গোপাল আতাৰ শিষ্যৰ যদুমণিৰ অন্যতম শিষ্য ৰামাই বা ৰামদেৱ এই ৰাতি সেৱা সম্প্ৰদায়ৰ প্ৰবৰ্তক। ড° গগৈয়ে উল্লেখ কৰিছে যে ৰামদেৱ সুদৰ্শন দেৱৰ পুত্ৰ তথা চলিহা বাৰেঘৰ সত্ৰৰ প্ৰতিষ্ঠাপক সৰু কৃষ্ণদেৱৰ নাতি। ড° গগৈয়ে সৰু কৃষ্ণদেৱৰ তৃতীয় পুত্ৰ সুনন্দদেৱকো কিছুমান ভক্তিমূলক গীতৰ ৰচক বুলি উল্লেখ কৰিছে, যি গীত ৰাতি সেৱা পন্থাৰ ভকতসকলৰ মাজত প্ৰচলিত। মুখে মুখে প্ৰচলিত এনে গীতসমূহৰ এটাত আছে--- ''ৰহস্য থানৰে ৰহস্য ভকতি ৰসিকাসকলে গায় কৈছে শ্ৰীৰামদেৱে শুনা বন্ধুৱে এই ৰস শঙ্কৰে গায়'' মুখে মুখে প্ৰচলিত এনে গীতৰ বিশ্বাসযোগ্যতা আৰু নাম উল্লিখিত ব্যক্তিৰ এনে ধৰ্মৰ লগত সম্পৰ্ক সন্দেহ জনক বুলি ভৱা হয়। ৰামদেৱৰ নাম লোৱা হয় যদিও তেওঁৱেই বৰ যদুমণিৰ প্ৰিয় শিস্য কিম্বা যদুমণিৰে ভতিজা বুলি কোনো তথ্য নাই, অৱশ্যে তেখেতৰ নাম ৰাতি সেৱাৰ লগত জড়িত থকা কথাটো মানি লোৱা হয়। ৰাতি সেৱা পন্থী সকলে চলিহা বাৰেঘৰ সত্ৰৰ উপৰি কাটনিপাৰ, চেঁচা, গজলা, মৰামৰা, কৰ্দৈণ্ডৰি আদি সত্ৰত শৰণ লয়। ৰাতি সেৱা পন্থাৰ ভকতে মাংস আৰু সুৰা গ্ৰহণ কৰে। পৰম্পৰাগত ভাবে এই ধৰণৰ মত অতি প্ৰাচীন। এই পন্থাৰ ভকতসকলে বিশ্বাস কৰে যে হৰ-পাৰ্বতীৰ জৰিয়তে এই ৰাতি সেৱাৰ মত পৃথিৱীৰ বুকুত প্ৰবৰ্তন কৰা হয়। পুৰণি শৈৱ আৰু তান্ত্ৰিক লোকসকলক বৈষ্ণৱ মতলৈ আনিবৰ বাবে বৈষ্ণৱ গুৰুসকলে পুৰণি পৰম্পৰাৰ লগত খাপ খুৱাই এটা পথ উদ্ভাৱন কৰিছিল। ইয়াকে প্ৰকৃত ঐতিহাসিক সামাজিক সত্য বুলি মানি লোৱা হয় আৰু কালক্ৰমত এইটোৱেই বিকৃত ৰূপত ৰাতি সেৱা বা ভিতৰ সেৱা কেৱলীয়া ৰূপত থাকি গ'ল। ৰাতি সেৱাৰ নামত আছে--- চিনিয়া ভকতি ধৰা মোৰ বান্ধৱ চিনিয়া ভকতি ধৰা হৰে পাৰ্বতীৰ ৰহস্য ভকতি ইহাক সাৰ কৰি ধৰা'' ইয়াত গোপীকৃষ্ণ কিম্বা ৰাধাকৃষ্ণৰ প্ৰসঙ্গ উঠা নাই। হৰ-পাৰ্বতীৰ ভকতি ৰহস্যৰ প্ৰসঙ্গহে উলেখিত হৈছে। ইয়াত যি সুৰা পান কৰা হয়, তাক মদ-বুলি কোৱা নহয়, ৰস, অমৃত বা সাজ নামেৰে অভিহিত হয় আৰু ই সৰগৰ পৰা মহাদেৱে অনা অমৃত বুলি গণ্য কৰা হয়। বিভিন্ন ভাগ ৰাতি সেৱা পন্থাৰ ভকতিৰ কেবাটাও ত আছে বুলি জনা যায়। সাধু ভকত আৰু ভকতনীৰ পৰা বিভিন্ন সেৱাৰ ভৰ অতিক্ৰমি পূৰ্ণ স্বামীৰ স্তৰ পায়। সাধাৰণ ভকতনীসকলক ‘দোকানী’ বুলি কোৱা হয়। আনহাতে, নিম্নৰপৰা শীল কেবাটাও ভৰ থকাৰ দৰেই কেবাটাও উপপন্থা ৰাতিখোৱা সম্প্ৰদায় আছে যেনে ৰিতীয়া, অৰিতীয়া, বাতিভগীয়া, চাৰিখুটিয়া, গোপীখেলিয়া আৰু গোপীধৰা আদি। ভকতসকলৰ কেবাটাও ভৰ আছে। যেনে সাধু, সদাচাৰী, দহনাম কত বা দুই সেৱাৰ ভকত, পাঁচ নামৰ ভকত বা পঙ্কসেৱাৰ ভকত। প্ৰথমে পঞ্চ সেৱাত দীক্ষা লৈ ক্ৰমে দশনাম, সদাচাৰী বা বিহাৰী আৰু শেষত সাধু হয়। আনুষ্ঠানিকতা কেৱল ধমৰ সাধনা ভিতৰত বা ৰাতি গোপনে হয় বাবে ইয়াক ভিতৰ সেৱা বা ভিতৰপীয়াও বোলে। এই সেৱা গভীৰতা বা নিজা আধ্যাত্মিক শীৰ্ষতাৰ বিচাৰত তিনিটা পৰ্যায়ৰ। যেনে- শলিতা লগোৱা, ডাঙৰীয়া সেৱা বা ডাঙৰীয়া সৱাহ আৰু বৰ সেৱা, সেৱাৰ অনুষ্ঠানত পূৰ্ণ স্বামী বা সাধুক ঈশ্বৰ অৱতাৰ কৃষ্ণ অথবা বুদ্ধৰ পৰ্যায়ৰ বুলি ধৰা হয়। সাধুৰ আসন ভিতৰ সেৱাত সৰ্বাত্ৰণ্য। তেওঁৰ সন্মুখত শলিতা চাকি এগছি থাকে। অমৃত বা নামলাও সজাই ৰখাৰ উপৰি গাহৰি বা কুকুৰাৰ মঙহ সিজাই সজাই উছৰ্গা কৰা হয়। সন্দেহ নাই যে এই ভিতৰসেৱা মূলতঃ আমুখী দেহবাদী বা দেহতত্ত্ববাণী অনুষ্ঠান। দেহৰ প্ৰতিটো অংগ-প্ৰত্যংগৰ সাধনা ইয়াত আছে। আনহাতে ভকত-ভকতনীৰ মান উচ্চ স্তৰলৈ যোৱাৰ লগে লগে বৰসেৱাত অংশ গ্ৰহণ যোগ্যতা অৰ্জন কৰে। এই বৰ সেৱাত সাধাৰণ ভকত-ভকতলীয়ে স্থান নাপায়। সাধাৰণ জাগতিক আৱৰণৰ পৰা মুক্তি অৰ্জন কৰা এই ভকতসকলে বৰ সেৱাত সম্পূৰ্ণ আৱৰণমুক্ত হৈ সেৱা আগবঢ়ায় বুলি জনা যায়। আহোম ভিতৰসেৱা পৰীসকল নিজ মত অটল আৰু তেওঁলোকে নিজৰপৰম্পৰা অতি প্ৰাচীন বুলি বিশ্বাস কৰে। এওঁলোকে আই সকাম আৰু ডাঙৰীয়া সকাম কৰে। অতি আড়ম্বপূৰ্ণ ভাবে বৰ সেৱা বা বৰ সবাহ পাতে। অতি কমেও বিশ কলহ সাজ, একৈটা কুকুৰ, এটা গাহৰি উছৰ্গা কৰাৰ উপৰি চাকি জ্বলাই আৰিয়া ধৰি বিহাৰ উলিওৱা হয়। বৰ সেৱাত কৰণি সজাই লোৱা হয়। ভকত-ভকতনীসকলে সাঁজ আৰু মঙহৰ আঞ্জালৈ নাচে। সদাচাৰীসকলেও বিহাৰ আনে আৰু নাচে। ভিতৰ সেৱাৰ গোপন অনুষ্ঠানত ভকত-ভকতনীসকলে সম্পূৰ্ণ দিগম্বৰ হৈ নাচে বুলি জনা যায়। অতি গোপনে কৰে বাবে এই সেৱাত অকল ভকত-ভকতনী বা দীক্ষিত সকলেহে অংশ গ্ৰহণ কৰিব পাৰে। অদীক্ষিত সকলৰ প্ৰৱেশ এই সেৱাত সম্পূৰ্ণ নিষেধ। ভিতৰ সেৱা অনুষ্ঠান প্ৰকৃততে তাই আহোমৰ পৰম্পৰাগত পুৰণি অনুষ্ঠান হয়নে নহয় সেই সম্পৰ্কে বিতৰ্কৰ অৱকাশ আছে। টাই আহোম সকলৰ মাজত প্ৰৱৰ্তিত থকা বৌদ্ধ-তান্ত্ৰিক নাইবা নিজা ধৰণৰ কোনো তান্ত্ৰিক অনুষ্ঠানৰ আচাৰ- নীতি সামৰি লৈ একাংশ বৈষ্ণৱ গুৰুৱে ধৰ্মক সম্প্ৰসাৰিত ৰূপ দিবলৈ কৰা প্ৰয়াসৰ ফলতে এনে ধৰণৰ ভিতৰ সেৱা জাতীয় অনুষ্ঠান টাই আহোমৰ মাজত প্ৰৱৰ্তিত হোৱা বুলি দৃঢ় অনুমান কৰাৰ থল আছে। তথ্যউৎস অসমৰ
98894
https://as.wikipedia.org/wiki/%E0%A6%AB%E0%A7%87%E0%A7%B0%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%9F%E0%A6%9A%20%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%89%E0%A6%9A
ফেৰেণ্টচ ক্ৰাউচ
ফেৰেণ্টচ ক্ৰাউচ জন্ম: ১৭ মে' ১৯৬২) এগৰাকী হাংগেৰীয়ান-অষ্ট্ৰিয়ান পদাৰ্থবিজ্ঞানী। তেওঁৰ গৱেষণাৰ বিষয় হৈছে এট'ছেকেণ্ড বিজ্ঞান। তেওঁ মেক্স প্লেংক ইনষ্টিটিউট অৱ কোৱাণ্টাম অপটিক্সৰ পৰিচালক আৰু জাৰ্মানীৰ মিউনিকৰ লুডৱিগ মেক্সিমিলিয়ান বিশ্ববিদ্যালয়ৰ পৰীক্ষামূলক পদাৰ্থ বিজ্ঞানৰ অধ্যাপক। তেওঁৰ গৱেষণা দলটোৱে প্ৰথম বাৰৰ বাবে এট'ছেকেণ্ডৰ পোহৰৰ স্পন্দন সৃষ্টি কৰাৰ লগতে ইয়াৰ জোখ-মাখ কৰিছিল। ইয়াক পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনৰ গতি ধৰি ৰখাৰ বাবে ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ ফলত এট'ফিজিক্স নামৰ পদাৰ্থ বিজ্ঞানৰ এক নতুন শাখাৰ জন্ম হৈছে। ২০২৩ চনত তেওঁ পিয়েৰ অগ'ষ্টিনি আৰু আন্ লুইলিয়েৰ সৈতে যৌথভাৱে "পদাৰ্থত ইলেক্ট্ৰন গতিবিদ্যাৰ অধ্যয়নৰ বাবে পোহৰৰ এট'ছেকেণ্ড স্পন্দন উৎপন্ন কৰা পৰীক্ষামূলক পদ্ধতিৰ বাবে" পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ১৯৬২ চনৰ ১৭ মে' তাৰিখে হাংগেৰীৰ মৰ চহৰত ফেৰেণ্টচ ক্ৰাউচৰ জন্ম হৈছিল। ১৯৮১ চনৰ পৰা ১৯৮৫ চনলৈকে তেওঁ ভচ লৰেণ্ড বিশ্ববিদ্যালয়ত তাত্ত্বিক পদাৰ্থ বিজ্ঞান আৰু হাংগেৰীৰ বুডাপেষ্টৰ কাৰিকৰী বিশ্ববিদ্যালয়ত বৈদ্যুতিক অভিযান্ত্ৰিকী অধ্যয়ন কৰিছিল। ১৯৮৭ চনৰ পৰা ১৯৯১ চনলৈকে তেওঁ অষ্ট্ৰিয়াৰ ভিয়েনাৰ কাৰিকৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি পি এইচ ডি ডিগ্ৰী লাভ কৰে। ১৯৯১ চনৰ পৰা ১৯৯৩ চনলৈকে তেওঁ একেখন বিশ্ববিদ্যালয়ত তেওঁ নিজৰ হেবিলিটেচন সম্পূৰ্ণ কৰে। পিছলৈ তেওঁ ভিয়েনা কাৰিকৰী বিশ্ববিদ্যালয় ১৯৯৬ চনৰ পৰা ১৯৯৮ চনলৈ তেওঁ সহযোগী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈকে তেওঁ একেটা প্ৰতিষ্ঠানতে বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক পদত অধিষ্ঠিত থাকে। ২০০৩ চনত তেওঁ গাৰ্চিঙৰ মেক্স প্লেংক ইনষ্টিটিউট ফৰ কোৱাণ্টাম অপটিক্সৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰে আৰু ২০০৪ চনত মিউনিকৰ লুডৱিগ মেক্সিমিলিয়ানছ বিশ্ববিদ্যালয়ৰ পৰীক্ষামূলক পদাৰ্থ বিজ্ঞান আসন লাভ কৰে। ২০০৬ চনত তেওঁ মিউনিক-চেণ্টাৰ ফৰ এডভান্সড ফটোনিক্স )ৰ সহ-প্ৰতিষ্ঠাপক হিচাপে ইয়াৰ প্ৰতিষ্ঠা কৰে আৰু ইয়াৰ অন্যতম সঞ্চালক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। গৱেষণা ফেৰেণ্টচ ক্ৰাউচ আৰু তেওঁৰ গৱেষণা দলটোৱে প্ৰথমে এক ফেমট’ছেকেণ্ডতকৈও কম সময়ৰ পোহৰৰ স্পন্দন সৃষ্টি কৰিছিল আৰু ইয়াৰ জোখ-মাখ কৰিছিল। গৱেষকসকলে এই এট’ছেকেণ্ড পোহৰৰ স্পন্দনসমূহ ব্যৱহাৰ কৰি ইলেক্ট্ৰনৰ ভিতৰৰ পৰমাণুৰ গতি বাস্তৱ সময়ত পৰ্যবেক্ষণযোগ্য কৰি তুলিছিল। এই ফলাফলসমূহে এট'ছেকেণ্ড পদাৰ্থবিজ্ঞানৰ আৰম্ভণি ঘটায়। ১৯৯০ দশকত এই মাইলৰ খুঁটিস্বৰূপ গৱেষণাৰ ফলাফল ফেৰেণ্টচ ক্ৰাউচ আৰু তেওঁৰ দলে ফেমট'ছেকেণ্ড লেজাৰ প্ৰযুক্তিৰ অধিক বিকাশৰ বাবে কৰিছিল। পোহৰৰ স্পন্দনৰ দিশত এই লেজাৰে শক্তি বিদ্যুৎচুম্বকীয় ক্ষেত্ৰৰ এটা একক দোলনত কঢ়িয়াই লৈ যায়। এনে চুটি পোহৰৰ স্পন্দন সৃষ্টিৰ বাবে এটা অপৰিহাৰ্য পূৰ্বচৰ্ত হ’ল ব্ৰডবেণ্ড (বগা) পোহৰৰ বিভিন্ন ৰঙৰ উপাদানৰ এটা সম্পূৰ্ণ অষ্টকত বিলম্বৰ উচ্চ নিখুঁত নিয়ন্ত্ৰণ কৰা। ফেৰেণ্টচ ক্ৰাউচ আৰু ৰবাৰ্ট শ্বিপ'কছৰ সহযোগিতাৰে নিৰ্মিত এপেৰিয়াডিক বহুস্তৰীয় (চিৰ্পড মিৰ'ৰ) এনে নিয়ন্ত্ৰণ সম্ভৱ কৰি তুলিছে আৰু বৰ্তমান সময়ৰ ফেমট'ছেকেণ্ড লেজাৰ ব্যৱস্থাত ই অপৰিহাৰ্য অংশ। ২০০১ চনত ফেৰেণ্টচ ক্ৰাউচ আৰু তেওঁৰ দলে প্ৰথমবাৰৰ বাবে কেৱল এটাৰ পৰা দুটা তৰংগ চক্ৰৰে গঠিত তীব্ৰ লেজাৰ স্পন্দনৰ দ্বাৰা এট'ছেকেণ্ড পোহৰৰ স্পন্দন (চৰম অতিবেঙুনীয়া পোহৰৰ) সৃষ্টি কৰাই নহয় ইয়াক জুখিবলৈও সক্ষম হয়। ইয়াৰ কিছু সময়ৰ পিছতে তেওঁলোকে উপপৰমাণু স্কেলত ইলেক্ট্ৰনৰ গতি বাস্তৱ সময়ত অনুসন্ধান কৰিবলৈও সক্ষম হয়। ক্ৰাউচ আৰু তেওঁৰ দলে প্ৰদৰ্শন কৰা ফেমট'ছেকেণ্ড স্পন্দনৰ তৰংগ আকৃতিৰ নিয়ন্ত্ৰণ আৰু তাৰ ফলত হোৱা পুনৰোৎপাদনযোগ্য এট'ছেকেণ্ড পালছৰ ফলত আজিৰ পৰীক্ষামূলক এট'ছেকেণ্ড পদাৰ্থবিজ্ঞানৰ প্ৰযুক্তিগত ভিত্তি হিচাপে এট'ছেকেণ্ড জোখা কৌশল প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। ক্ৰাউচ আৰু তেওঁৰ সহকৰ্মীসকলে এই সঁজুলিসমূহৰ সহায়ত অণুত থকা ইলেক্ট্ৰন নিয়ন্ত্ৰণ কৰিবলৈ সফলতা লাভ কৰিছিল আৰু প্ৰথমবাৰৰ বাবে বাস্তৱ সময়ত বহু সংখ্যক মৌলিক ইলেক্ট্ৰন প্ৰক্ৰিয়া যেনে কোৱাণ্টাম টানেলিং, আধান পৰিবহণ ব্যৱস্থা,সুসংহত চৰম অতিবেঙুনী নিৰ্গমন, বিলম্বিত ফট'ইলেক্ট্ৰিক প্ৰভাৱ, যোজক ইলেক্ট্ৰনৰ গতি আৰু ডাইলেক্ট্ৰিকসমূহৰ আলোকীয় আৰু বৈদ্যুতিক ধৰ্ম নিয়ন্ত্ৰণ নিৰীক্ষণ কৰিবলৈ সক্ষম হয়। এই ফলাফলসমূহ জোৱাচিম বাৰ্গড’ৰফাৰ, পল কৰ্কাম, থিয়ডৰ হানচ, মিছা ইভানভ, উলৰিচ হাইঞ্জমেন, ষ্টিফেন লিঅ’ন, ৰবিন চেণ্ট্ৰা, মাৰ্ক ষ্টকমেন আৰু মাৰ্ক ভ্ৰাকিঙৰ দৰে বিজ্ঞানীৰ গোটৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰৰ সম্ভৱ হৈছে। ক্ৰাউচ আৰু তেওঁৰ এট’ৱৰ্ল্ড-দলে বৰ্তমান বায়'মেডিকেলৰ ক্ষেত্ৰত প্ৰয়োগৰ বাবে ইনফ্ৰাৰেড স্পেকট্ৰ’স্কপি অধিক বিকশিত কৰিবলৈ এট’ছেকেণ্ড জোখ-মাখ প্ৰযুক্তিৰ ভিত্তি হিচাপে কাম কৰা ফেমট’ছেকেণ্ড লেজাৰ প্ৰযুক্তি ব্যৱহাৰ কৰিছে। আল্ট্ৰাশ্বৰ্ট ইনফ্ৰাৰেড লেজাৰ পালছৰ দ্বাৰা উত্তেজিত জৈৱিক নমুনাই ইনফ্ৰাৰেড (অৱলোহিত) তৰংগ নিৰ্গত কৰে। এই তৰংগবোৰৰ বৈদ্যুতিক ক্ষেত্ৰ স্কেন কৰি তথাকথিত বৈদ্যুতিক ক্ষেত্ৰ আণৱিক ফিংগাৰ প্ৰিণ্ট জুখি অনুসন্ধানৰ অধীনত থকা নমুনাবোৰৰ আণৱিক গঠনৰ ক্ষুদ্ৰ পৰিৱৰ্তন ধৰা পেলাব পাৰি। লেজাৰ পদাৰ্থবিজ্ঞানী, গণিতজ্ঞ, চিকিৎসক আৰু আণৱিক জীৱবিজ্ঞানীৰে গঠিত গৱেষণামূলক সহযোগিতা লেজাৰফৰলাইফ আৰু চেণ্টাৰ ফৰ মলিকিউলাৰ ফিংগাৰপ্ৰিণ্টিঙৰ লক্ষ্য হৈছে তেজৰ নমুনাৰ ইএমএফৰ জোখ-মাখ ব্যৱহাৰ কৰি মানুহৰ স্বাস্থ্যৰ তথ্য অনুসৰণ কৰা আৰু প্ৰাৰম্ভিক পৰ্যায়ত ৰোগ ধৰা পেলোৱা। বঁটা আৰু সন্মান ২০০৬ ৰয়েল ফটোগ্ৰাফিক ছ'চাইটিৰ প্ৰগ্ৰেছ পদক আৰু সন্মানীয় ফেল'শ্বিপ ২০১৩ অট্টো হান বঁটা ২০১৫ পল কৰ্কামৰ সৈতে যুটীয়াভাৱে "এট'ছেকেণ্ড পদাৰ্থ বিজ্ঞানৰ বিকাশত অৱদানৰ বাবে।" পদাৰ্থ বিজ্ঞানত ক্লাৰিভেট চাইটেচন বঁটা ২০১৬ জাৰ্মান একাডেমী অৱ চাইন্সেছ লিঅ'পল্ডিনাৰ সদস্য। ২০১৯ ভ্লাডিলেন লেটোখভ পদক ২০২২ "আল্ট্ৰাফাষ্ট লেজাৰ বিজ্ঞান আৰু এট'ছেকেণ্ড পদাৰ্থবিজ্ঞানলৈ অগ্ৰণী অৱদানৰ বাবে" আন্ লুইলিয়ে আৰু কৰ্কমৰ সৈতে পদাৰ্থ বিজ্ঞানত ৱল্ফ বঁটা ২০২২ আন্ লুইলিয়ে আৰু কৰ্কামৰ সৈতে বিবিভিএ ফাউণ্ডেশ্যন ফ্ৰণ্টিয়াৰ্ছ অৱ নোলেজ এৱাৰ্ড ইন বেচিক চাইন্সেছ ২০২৩ পিয়েৰ অগ'ষ্টিনি আৰু আন্ লুইলিয়েৰ সৈতে যৌথভাৱে "পদাৰ্থত ইলেক্ট্ৰন গতিবিদ্যাৰ অধ্যয়নৰ বাবে পোহৰৰ এট'ছেকেণ্ড স্পন্দন উৎপন্ন কৰা পৰীক্ষামূলক পদ্ধতিৰ বাবে" পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা তথ্য উৎস বাহ্যিক সংযোগ জাৰ্মান গৱেষণা সংস্থাত প্ৰতিকৃতি এট'ৱৰ্ল্ড ৱেবছাইটত ফেৰেণ্টচ ক্ৰাউচ ফেৰেণ্টচ ক্ৰাউচৰ গৱেষণা দল হাংগেৰীৰ ব্যক্তি জীৱিত ব্যক্তি পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী পদাৰ্থ
69244
https://as.wikipedia.org/wiki/%E0%A6%97%E0%A6%A4%E0%A6%BF%E0%A6%B6%E0%A7%80%E0%A6%B2%20%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AD%E0%A6%BE%E0%A6%AC%E0%A7%8D%E0%A6%AF%20%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A7%B0%E0%A6%A3%20%E0%A6%B8%E0%A6%BE%E0%A6%AE%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A7%B1%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%20%E0%A6%86%E0%A7%B0%E0%A7%8D%E0%A6%B9%E0%A6%BF
গতিশীল প্ৰসম্ভাব্য সাধাৰণ সাম্যাৱস্থা আৰ্হি
গতিশীল প্ৰসম্ভাব্য সাধাৰণ সাম্যাৱস্থা আৰ্হি বা সমষ্টিবাদী অৰ্থনীতিৰ এনে গাণিতিক আৰ্হি য'ত অৰ্থনৈতিক বৃদ্ধি, ব্যৱসায় চক্ৰ আৰু অৰ্থনৈতিক নীতিৰ প্ৰভাৱ আদিক সাধাৰণ সাম্যাৱস্থা তত্ত্ব আৰু ব্যষ্টিবাদী অৰ্থনীতিৰ আধাৰত বুজাবলৈ চেষ্টা কৰা হয়। ১৯৭০ৰ দশকৰ পৰাই অৰ্থনৈতিক নীতি নিৰ্ধাৰণৰ বাবে সমকালিক সমীকৰণ আৰ্হি ব্যৱহাৰ কৰিছিল, ১৯৯০ৰ দশকত সদিশ স্বয়ং-সমাশ্ৰয়ণ আৰ্হি আৰু একবিংশ শতিকাৰ আৰম্ভণিৰ পৰাই গতিশীল প্ৰসম্ভাব্য সাধাৰণ সাম্যাৱস্থা আৰ্হি ব্যৱহাৰ কৰা হৈছে। সাধাৰণতে এই আৰ্হিসমূহ অৰ্থনীতিবিদৰ দলে কোনো বিশেষ অৰ্থনীতিৰ বাবে তৈয়াৰ কৰে সেই অৰ্থনীতিৰ কেন্দ্ৰীয় বেংকৰ সহযোগত। দ্য বেংক অৱ ইংলেণ্ড, দ্য ফেডাৰেল ৰিজাৰ্ভ বেংক, দ্য ইউৰোপিয়ান চেণ্ট্ৰেল বেংক, আন্তৰ্জাতিক মুদ্ৰা নিধি, স্বেৰিজেচ ৰিক্সবেংক আদি বিকশিত অৰ্থনীতিৰ কেন্দ্ৰীয় বেংক আৰু আন্তৰ্জাতিক অৰ্থনৈতিক সংস্থাই এই আৰ্হিসমূহৰ প্ৰয়োগ সাধাৰণতে কৰে অৰ্থনৈতিক নীতি নিৰ্ধাৰণ কৰিবলৈ আৰু চৰকাৰক পৰামৰ্শ দিবলৈ। শেহতীয়াকৈ উত্থানশীল বজাৰ অৰ্থনীতিসমূহৰ চৰকাৰ আৰু কেন্দ্ৰীয় বেংকেও এনে আৰ্হিৰ প্ৰয়োগ কৰিবলৈ লৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকেও ভাৰতীয় অৰ্থনীতিৰ বাবে এটি নতুন কেইন্সিয়ান গতিশীল প্ৰসম্ভাব্য সাধাৰণ সাম্যাৱস্থা আৰ্হি তৈয়াৰ কৰাৰ যত্ন কৰিছে। বাস্তৱ ব্যৱসায় চক্ৰ তত্ত্ব আৰু আৰ্হি-নিৰ্মাণৰ গুৰিধৰোঁতা হিচাপে ফিন কিডলেণ্ড আৰু এডৱাৰ্ড প্ৰেস্কটক ২০০৪ চনত অৰ্থনীতিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল উদাহৰণ: এটি সৰলীকৃত বাস্তৱ ব্যৱসায় চক্ৰ আৰ্হি বৰ্তমানে ব্যৱহৃত প্ৰায়সংখ্যক আৰ্হিয়েই নতুন কেইন্সিয়ান অৰ্থনীতিৰ ভিত্তিত তৈয়াৰ কৰা হয়। এনে নতুন কেইন্সিয়ান আৰ্হিসমূহ অতিকৈ জটিল হ'ব পাৰে। নতুন কেইন্সিয়ানৰ পূৰ্বে কিছু সময় বাস্তৱ ব্যৱসায় চক্ৰ তত্ত্বৰ ওপৰত ভিত্তি কৰি আৰ্হি তৈয়াৰ কৰা হৈছিল। তেনে আৰ্হিৰ এটি সৰলীকৃত ৰূপ তলত আলোচনা কৰা হৈছে। এই অতিকৈ সৰলীকৃত আৰ্হিত এটি প্ৰতিনিধি নিৰ্ণয়কৰ্তা আছে (যি উপভোক্তা, উৎপাদক, শ্ৰমিক, পুঁজিপতি আদি সকলো হয়)। এই নিৰ্ণয়কৰ্তাৰ উপযোগিতা নিৰ্ভৰ কৰে উপভোগ আৰু শ্ৰম ৰ ওপৰত, প্ৰত্যেক কাল ৰ বাবে। নিৰ্ণয়কৰ্তাজনৰ জীৱনকাল অসীম। নিৰ্ণয়কৰ্তাজনে নিজৰ আজীৱন উপযোগিতা বৃহদায়িত কৰে, অৰ্থাৎ তেওঁৰ চয়ন সমস্যা হ'ল ইয়াত হ'ল কাল ৰ প্ৰত্যাশা সংকাৰক, আৰু উৎপাদন ক পুঁজি আৰু শ্ৰম এৰে প্ৰস্তুত কৰা হয়-- ইয়াত হ'ল প্ৰযুক্তিৰ স্তৰৰ মান (হেৰডিয়ান প্ৰকাৰৰ) আৰু প্ৰযুক্তি প্ৰঘাত নিৰ্ণয় হয় প্ৰথম ক্ৰমৰ স্বয়ং-সমাশ্ৰয়ণ পদ্ধতিৰে-- ইয়াত আৰু যি ক্ৰমিক ভাৱে সহসম্বন্ধহীন। তদুপৰি, আমাৰ ওচৰত আছে সংজ্ঞা-ভিত্তিক সমীকৰণ য'ত বিনিয়োগ আৰু হৈছে অৱমূল্যায়নৰ দৰ। অৱশেষত, বৃহদায়ন সমস্যাৰ বাবে অইলাৰ চৰ্ত দুটি আমি পাওঁ-- আৰু কোনো কোনো আৰ্হিত উপৰ্যুক্ত সমীকৰণৰ উপৰিও প্ৰতিযোগিতাবাদী বাস্তৱ সূদৰ দৰৰ সমীকৰণো অন্তৰ্ভুক্ত কৰা হয়-- এয়া বাস্তৱ ব্যৱসায় চক্ৰ তত্ত্বৰ এটি অতিকৈ সৰলীকৃত ৰূপ। এই সৰলীকৃত আৰ্হি বাস্তৱত চৰকাৰী বা কেন্দ্ৰীয় বেংকৰ নীতি নিৰ্ধাৰণৰ ব্যৱহাৰ নহয়। বাস্তৰ অৰ্থনৈতিক নীতি নিৰ্ধাৰণৰ বাবে ইয়াতকৈ অধিক বাস্তৱসন্মত কিন্তু জটিল আৰ্হি ব্যৱহাৰ কৰা হয়। সাধাৰণতে প্ৰত্যেক কেন্দ্ৰীয় বেংকে নিজৰ নিজৰ আৰ্হি তৈয়াৰ কৰে। কিছুমান অধিক বাস্তৱসন্মত উদাহৰণ ছ আৰু ৱৌটাৰ্ছে ২০০৩ আৰু ২০০৪ত, হেৰিছন আৰু সহ-লিখকে ২০০৫ত, স্বৰডন আৰু সহ-লিখকে ২০০৫ আদিত প্ৰস্তুত কৰিছে। লুকাচৰ সমালোচনা আৰু প্ৰভাৱ ১৯৭৬ত অৰ্থনীতিবিদ ৰবাৰ্ট লুকাচে তৎকালীন সমষ্টিবাদী-অৰ্থনীতিৰ এক তীক্ষ্ন সমালোচনা আগবঢ়াইছিল। লুকাচে যুক্তি দাঙি ধৰিছিল যে অৰ্থনীতিৰ অতীতত দেখা দিয়া সম্বন্ধৰ আধাৰত অৰ্থনীতিৰ ভৱিষ্যৎ জনাৰ চেষ্টা কৰা অবান্তৰ, বিশেষকৈ, যেতিয়া উপলব্ধ তথ্য পুঞ্জৰ ৰূপৰ। কেইন্সিয়ান অৰ্থনীতিত ব্যৱহৃত নিৰ্ণয় সিদ্ধান্ত, যেনে কেইন্সিয়ান ৰাজকোষীয় নীতি গুণক সংৰচনাত্মক নহয়-- এনে সংখ্যা কোনো অৰ্থনীতিৰ অচল গুণাগুণ নহয়, বৰং কোনো বিশেষ পৰিস্থিতিত অৰ্থনীতিত বসবাস কৰা মানুহে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতিফলনহে। সেয়ে চৰকাৰে নিজৰ নীতি সলনি কৰিলে, তেনে সংখ্যাও সলনি হ'ব পাৰে। তেনেহ'লে, অতীতত দেখা দিয়া সংখ্যাৰ আধাৰত বৰ্তমানৰ নীতিৰ ভৱিষ্যতত প্ৰভাৱ জনা অসম্ভৱ। লুকাচৰ সমালোচনাৰ প্ৰভাৱত অনেক অৰ্থনীতিবিদে তেতিয়াৰ কেইন্সিয়ান পদ্ধতিৰ সলনি নতুন ধ্ৰুপদী অৰ্থনীতিৰ আধাৰত আৰ্হি তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিলে। যুক্তিসংগত প্ৰত্যাশা তত্ত্বৰ ব্যৱহাৰ কৰা হ'ল। এনে কিছু আৰম্ভণিতে বিকশিত আৰ্হি আছি বাস্তৱ ব্যৱসায় চক্ৰৰ আৰ্হি। এটি অতিকৈ জনপ্ৰিয় আৰ্হি হ'ল কিডলেণ্ড আৰু প্ৰেস্কটৰ ১৯৮২ৰ আৰ্হি। এনে আৰ্হিসমূহত, কেইন্সিয়ান প্ৰাচলসমূহক ব্যষ্টিবাদী-অৰ্থনীতিৰ আধাৰত, অৰ্থনীতিত বসবাস কৰা লোকৰ নিৰ্ণয়ৰ ফলস্বৰূপেহে চোৱা হ'ল, লুকাচৰ সমালোচনা মনত ৰাখি। সেয়ে এনে আৰ্হিত চৰকাৰে নীতি সলনি কৰিলে পুঞ্জীয় "প্ৰাচল"সমূহ সলনি হোৱাৰ সম্ভাৱনা থাকে। যিহেতু ব্যষ্টিবাদী-আধাৰ অৰ্থনীতিত থকা মানুহৰ পচন্দৰ ভিত্তিত অধ্যয়ন কৰা হয়, সেয়ে কল্যাণ মাপ কৰাৰ দৃষ্টিৰ পৰা আৰ্হি ব্যৱহাৰ কৰা লোভনীয়। সাধাৰণতে এনে আৰ্হিৰ পৰা এই তৰ্কই আগবঢ়োৱা হয় যে চৰকাৰৰ হস্তক্ষেপে মানুহৰ ক্ষতিহে কৰিব। এনে ধাৰণাক অনেকে বিৰোধ কৰে, বিশেষকৈ এই কথা মন কৰি যে বাস্তৱ ব্যৱসায় চক্ৰ তত্ত্বত কেইবাটাও এনে চৰ্ত সত্য ববুলি মানি লোৱা হয় যি প্ৰকৃততে অসত্য। নতুন কেইন্সিয়ান আৰ্হিসমূহত এনে কেইবাটাও চৰ্তক বাদ দিয়া হৈছে, আৰু সেয়ে বৰ্তমানে নতুন কেইন্সিয়ান আৰ্হিসমূহ অধিক ব্যৱহৃত। তথ্য সংগ্ৰহ লগতে চাওক কেইন্সিয়ান ক্ৰছ চ'ল'-স্বান আৰ্হি (অৰ্থনীতি) কবৱেব আৰ্হি অৰ্থনৈতিক
25133
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%95%E0%A6%BE%E0%A6%A6%E0%A7%87%E0%A6%89%E0%A6%A4%E0%A6%BE%20%E0%A6%A8%E0%A6%BE%E0%A6%A4%E0%A6%BF%20%E0%A6%86%E0%A7%B0%E0%A7%81%20%E0%A6%B9%E0%A6%BE%E0%A6%A4%E0%A7%80
ককাদেউতা নাতি আৰু হাতী
ককাদেউতা নাতি আৰু হাতী কথাছবিখন এন. চি প্ৰডাকচনৰ বেনাৰত ১৯৮৩ চনৰ ১৮ নৱেম্বৰত মুক্তি পাইছিল। ছবিখনৰ পৰিচালক আছিল নিপ বৰুৱা আৰু প্ৰযোজনা আছিল এন.চি. দত্তৰ। ৮০ৰ দশকত চলচ্চিত্ৰখনে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। কাহিনী নগাঁৱৰ কামপুৰ মৌজাৰ মৌজাদাৰ সৰ্বেশ্বৰ শইকীয়াৰ নাতিয়েক মইনাই দেউতাকক সৰুতেই হেৰুৱাৰ পিছত ককাক সৰ্বেশ্বৰ শইকীয়া আৰু মাক লখিমীৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হয়। ককাকৰ মৰমৰ হাতী বৃকোদৰেই হৈছে মইনাৰ খেলাৰ একমাত্ৰ লগৰী। এইখিনি সময়তে তীৰ্থ কৰিবলৈ যাওঁতে গঙ্গাত নাও ডুবি মৌজাদাৰ সৰ্বেশ্বৰ শইকীয়াৰ এজন বন্ধুৰ পৰিবাৰৰ সৈতে সলিল সমাধি ঘটাত বন্ধুৰ নাতিনীয়েক মাকণক মৌজাদাৰে নিজৰ ছোৱালীৰ দৰে ঘৰতে ৰাখিবলৈ থিৰাং কৰে। মইনায়ো বৃকোদৰৰ লগতে মাকণক খেলাৰ নতুন লগৰী হিচাপে লাভ কৰি আনন্দ পায়। মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। ককাকৰ ইচ্ছামতেই মইনাই উচ্চশিক্ষাৰ বাবে গুৱাহাটী যাবলৈ লয়। আনহাতে, সৰুৰে পৰাই মইনাৰ লগত একেলগে ডাঙৰ হোৱা মাকণৰ হৃদয়ত মইনাৰ অজ্ঞাতে তাৰ প্ৰতি প্ৰেমৰ বীজ অংকুৰিত হয়। গুৱাহাটীলৈ আহি কলেজত ৰূমমেট ৰূপে প্ৰশান্ত শইকীয়াৰ (মইনা) ফিয়েট হাজৰিকা, এম্বেচেডৰ চলিহা আৰু গেজেল বৰাৰ লগত বন্ধুত্ব গঢ় লৈ উঠে। কলেজৰ হোষ্টেলৰ সৰু ৰুমটোত চাৰিজন ল’ৰা লেপাথেপাকে থাকিবলগীয়া হোৱা কাৰবাৰটো আৰু গাড়ীৰ গেৰেজত বহতো গাড়ী থেলি-হেচি একেলগে ৰখা কাৰবাৰটোৰ মাজত সামঞ্জস্য দেখি ফিয়েট, এম্বেচেদৰহঁতে নিজৰ প্ৰকৃত নামৰ সলনি এইদৰে গাড়ীৰ নাম ৰাখি লৈছিল! (আনকি তেওঁলোকে নিজৰ ৰূমৰ নামটোও হোষ্টেল -৬ ৰ সলনি গেৰেজ ৰাখি লৈছিল! কলেজত দিন যোৱাৰ লগে লগে মইনা কান্তা নামৰ এগৰাকী যুৱতীৰ প্ৰেমত পৰে। কান্তা আছিল হৰগোবিন্দ ফুকন নামৰ এজন প্ৰতিস্থিত উদ্যোগপতিৰ একমাত্ৰ ছোৱালী। কান্তাৰ মাক দেউতাকে তেওঁলোকৰ প্ৰেমৰ কথা গম পোৱাত পঢ়াই শুনাই আগৰণুৱা মইনালৈ কান্তাক বিয়া দিবলৈ থিৰাং কৰে। আনকি বি.এ কৰাৰ পাছত উচ্চশিক্ষাৰ বাবে হৰগোবিন্দ ফুকনে মইনাক নিজৰ খৰচত বিদেশলৈ পঠাবলৈও ৰাজী হয়। বি.এ. পৰীক্ষা দি উঠাৰ পাছত কেইদিনমানৰ বাবে মইনা ঘৰলৈ আহে। আনহাতে মৌজাদাৰ সৰ্বেশ্বৰ শইকীয়াই এসময়ত বান্ধৈয়েক অৰ্থ্যাৎ মাকণৰ ককাকক কথা দি থৈছিল যে তেওঁলোকৰ বন্ধুত্বক আৰু প্ৰগাঢ় কৰিবলৈ মাকণক মইনালৈ নাতি-বোৱাৰী ৰূপে বিয়া কৰাই আনিব। আৰু সেয়েহে মৌজাদাৰে মইনাক মাকণৰ লগত বিয়াত বহাৰ প্ৰস্তাৱ দিয়ে। আনহাতে মইনাই তেওঁৰ কান্তাৰ লগত থকা প্ৰেমৰ কথা সদৰি কৰি মাকণৰ লগত বিয়াত বহিবলৈ অমান্তি হয় আৰু ককাকৰ লগত মনোমালিন্য ঘটি গুৱাহাটীলৈ ঘূৰি গৈ হোষ্টেলৰ বন্ধ নোখোলালৈকে গুৱাহাটীত থকা পেহীআইতাঁকৰ ঘৰতে থাকিবলৈ লয়। ইফালে হৰগোবিন্দ ফুকনে পত্নীসহ মৌজাদাৰৰ ঘৰলৈ আহি নিজৰ জীয়েকক মইনালৈ বিয়া দিবলৈ বিচৰাৰ কথা কয়হি। কিন্তু ন-চহকী হৰগোবিন্দ ফুকন আৰু তেখেতৰ পত্নীৰ অহমিকাবোধ আৰু দাম্ভিকতাই মৌজাদাৰক ক্ষুণ্ণ কৰি তোলে আৰু হৰগোবিন্দ ফুকনক পৰিবাৰ সহিতে কৰ্কথনা কৰি নিজৰ ঘৰৰ পৰা ঘূৰাই পঠিয়ায়। কলেজৰ হোষ্টেলৰ পৰা ফিয়েট হাজৰিকা, এম্বেচেডৰ চলিহা আৰু গেজেল বৰাহঁতেও মইনাৰ ককাকক মইনা আৰু কান্তাৰ বিয়াৰ বাবে সৈমান কৰিবলৈ আহি বিফল মনোৰথ হৈ ঘূৰি যাবলগীয়া হয়। ইয়াৰ কেইমাহমানৰ পাছত গুৱাহাটীৰ পৰা মইনাই ককাকলৈ চিঠি লিখে যে তেওঁ উচ্চশিক্ষাৰ বাবে বিদেশলৈ যাব ওলাইছে আৰু শিক্ষা সমাপ্ত কৰি আহিয়েই তেওঁ কান্তাৰ লগত বিয়াত বহিব। নাতিয়েকৰ চিঠিত সৰ্বেশ্বৰ শইকীয়া মৰ্মাহত হৈ পৰে আৰু খঙত অগ্নিশৰ্মা হৈ হাতীৰ পিঠিত উঠিয়েই মইনাক ঘূৰাই লৈ যাবলৈ হৰগোবিন্দ ফুকণৰ গুৱাহাটীৰ ঘৰ পায়হি। কিন্তু তাত আহি গম পাই যে মইনা ইতিমধ্যে বিদেশলৈ ৰাওনা হৈছেই। সৰ্বেশ্বৰ শইকীয়া বিফল মনোৰথ হৈ ঘৰলৈ উভতি আহে। আনহাতে ককাক আৰু নাতিয়েকৰ এই সংঘাতত চিন্তিত হৈ মইনাৰ মাক লখিমী টান নৰিয়াত পৰে আৰু শেষত মৃত্যুক সাৱটি লয়। লখিমীৰ মৃত্যুৰ পিছতেই মৌজাদাৰৰ স্বাৰ্থপৰায়ণ ভগ্নী শান্তি জীয়েকৰ সৈতে গুৱাহাটীৰ পৰা আহি মৌজাদাৰৰ ঘৰ পায়হি। আহিয়েই শান্তিয়ে চেলু উলিয়াই হকে বিহকে মাকণক কৰ্কথনা আৰু তিৰস্কাৰ কৰিবলৈ আৰম্ভ কৰে আৰু অৱশেষত এদিন মাকণক মৌজাদাৰৰ ঘৰ এৰিবলৈ বাধ্য কৰে। মাকণৰ অনুপস্থিতিত লাহে লাহে মৌজাদাৰৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰাত মাকণক পুনৰাই মৌজাদাৰৰ ঘৰলৈ ঘূৰি আহে। ইফালে মৌজাদাৰেও ভনীয়েকৰ কুকীৰ্তিৰ কথা জানিব পাৰি নিজৰ ঘৰৰ পৰা ভনীয়েকক উলিয়াই পঠায়। ইয়াৰ কিছুদিনৰ পিছতেই মৌজাৰ কামৰ কাৰণে কামপুৰৰ পৰা চহৰৰ কাছাৰীলৈ ট্ৰেইনেৰে আহোঁতে হৃদৰোগত আক্ৰান্ত হৈ মৌজাদাৰে আদবাটতে মৃত্যুক সাৱটি লয়। মৌজাদাৰৰ মৃত্যুত অকলশৰীয়া হৈ পৰা মাকণ সম্পূৰ্ণৰূপে দিশহাৰা হৈ পৰে। ইয়াৰ কেইমাহমানৰ পিছতেই মইনাই বিদেশত শিক্ষা সাং কৰি আহি কামপুৰৰ ঘৰ পায়হি। ককাকৰ মৃত্যু-বাৰ্তাই মইনাক ম্ৰিয়মান কৰি তোলে। আনহাতে মইনাই কান্তাক বিয়া কৰাই ঘৰলৈ লৈ আহিছে বুলি ভাবি মাকণেও নিশা মৌজাদাৰৰ ঘৰ এৰি যাবলৈ লয়। কিন্তু হাতী বৃকোদৰে মাকণক পুনৰ ঘূৰাই লৈ আহে। পিছত মাকণে মইনাৰ মুখৰ পৰা গম পায় যে কান্তাই ঘৰৰ অমতত মইনা বিদেশৰ পৰা ঘূৰি অহাৰ কেইমাহমান আগতেই ডাক্তৰ এজনৰ লগত বিয়াত বহিল আৰু সেয়েহে জীৱনৰ নিসংঙ্গতা আঁতৰাবলৈ মইনাক এতিয়া মাকণৰ সহযোগিতাৰ প্ৰয়োজন। ইমানদিনৰ পিছত নিজৰ হেৰুওৱা মৰম ঘূৰাই পায় মাকণৰো চকুৰ দুইকূল অশ্ৰুৰ বন্যাৰে ভৰি পৰে। অৱশেষত দুয়োৰে শুভ পৰিণয়েৰে কাহিনীটোৰ সমাপ্তি ঘটে। অভিনয় শিল্পীসকল নিপন গোস্বামী (মৌজাদাৰ সৰ্বেশ্বৰ শইকীয়া) প্ৰাঞ্জল শইকীয়া (মইনা) মৃদুলা বৰুৱা ((মাকণ) ৰঞ্জনা শৰ্মা (লখিমী) বীণা হাজৰিকা (মৌজাদাৰৰ ভনীয়েক শান্তি) মাষ্টাৰ হেমন্ত (সৰুকালৰ মইনা) বেবী নন্দিনী (সৰুকালৰ মাকণ) নিবেদিতা বৰুৱা জীতেন শৰ্ম্মা নিৰুপমা বৰুৱা কমল বৰা দুৰ্গেশ্বৰ শইকীয়া ৰাজেন শৰ্ম্মা দুৰ্গেশ্বৰ বৰঠাকুৰ (ডাকপিয়ন) গীতৰ তালিকা ছবিখনত মুঠ ছটা গীত আছে। সঙ্গীত পৰিচালনা কৰিছে ৰমেন বৰুৱাই আৰু গীতবোৰ গাইছে দ্বিপেন বৰুৱা, কোকিলা গোস্বামী, মৃণালিনী দত্ত চৌধুৰী, কৃষ্ণা দাস, পুষ্পা দাস আৰু ললিতা দাস। তথ্য উৎস অসমীয়া চলচ্চিত্ৰ ১৯৮০ দশকৰ অসমীয়া
5027
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A6%98%E0%A7%B0
নামঘৰ
নামঘৰ অসমীয়া লোকসকলৰ নাম-কীৰ্তন কৰা উপাসনা ঘৰ বা প্ৰাৰ্থনা গৃহ। শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে প্ৰথম বাৰৰ কাৰণে নামঘৰৰ প্ৰতিষ্ঠা কৰে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্তন কৰা নৱ-বৈষ্ণৱ ধৰ্মৰ ধৰ্মীয় অনুষ্ঠান দুটিৰ এটি হৈছে নামঘৰ আৰু আনটি হৈছে সত্ৰ। নামঘৰ আছিল শঙ্কৰদেৱৰ ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰস্থল। শ্ৰীমন্ত শংকৰদেৱেই প্ৰথমে নগাঁৱৰ বৰদোৱা (বটদ্ৰৱা) ত নামঘৰ প্ৰতিষ্ঠা কৰিছিল। ক্ৰমে অসমৰ সৰ্বত্ৰতে তেখেতৰ আদৰ্শৰে নামঘৰ গঢ় লৈ উঠে। ভাগ সমূহ নামঘৰত সাধাৰণতে চাৰিটা প্ৰধান অংশ বা ঘৰ থাকে- নামঘৰ বা কীৰ্তন ঘৰ, মণিকূট, ছোঁ ঘৰ আৰু বাটচ’ৰা। নামঘৰৰ গঠন প্ৰণালী নামঘৰৰ গঠন প্ৰণালী অতি সৰল। টুপভঙ্গা দুঢলীয়া মণিকূট, নামঘৰৰ মূল গৃহ, বাটচৰা আৰু ছো-ঘৰেৰে গঠিত এই নামঘৰ। নামঘৰ সদায় পূবা-পশ্চিমাকৈ নিৰ্মাণ কৰা হয়। ইয়াৰ পূব দিশত নামঘৰৰ প্ৰধান গৃহ মণিকূট স্থাপন কৰা হয়। মনিকূটৰ ভিতৰত সিংহাসন ভাগ প্ৰতিষ্ঠা কৰা হয়। নামঘৰৰ প্ৰথমে পুতা খুটাটোক লাইখুটা বোলা হয়। সিংহাসন প্ৰতিষ্ঠা কৰাৰ দৰেই কামত সদাচাৰী গুৰু ধৰ্ম্মৰে পৰা শৰণ-ভজন গ্ৰহণ কৰা একান্ত ভকতৰ দ্বাৰাহে এই লাইখুটা স্থাপন কৰা হয়। সিংহাসন প্ৰতিষ্ঠাপনত খোল-প্ৰসঙ্গ, নাম-প্ৰসঙ্গ অপৰিহাৰ্য্য। এই কামৰ বাবে পুৱা ঠিক ৯ বজাৰ ভিতৰত এজন ভজনীয়া সদাচাৰী ভকতৰ দ্বাৰা এভাগ গুণমালা (ভাগৱত পুৰাণৰ পৰিবৰ্তে) ভকতি ভাবে লৈ, গুৰু ভটিমা, দেৱ ভটিমা, তোটয়, চপয়, লীলামালা গুণানুকীৰ্তনেৰে সিংহাসন প্ৰতিষ্ঠা কৰা হয়। লগে লগে ধূপ-ধূণা, গুৱা-দণ্ডেৰে সমাপন কৰি অপৰাধ মাৰ্জ্জন বিচাৰি সেৱা ধৰে। ইয়াৰ পিছত খোল-প্ৰসঙ্গ, নাম-প্ৰসঙ্গৰে কাৰ্য্য সমাপন কৰা হয়। এজন সাত্তিক নামাচাৰ্য্যৰ দ্বাৰা পুৱা-গধূলি চৈধ্য প্ৰসঙ্গৰ ব্যৱস্থা কৰা হয়। মণিকূটত পূৰ্ণকৃষ্ণ ভগৱন্তৰ বাঙ্ময় মূৰ্ত্তি ভাগৱত শাস্ত্ৰ বা গুৰুজনাৰ দ্বাৰা ৰচিত ভাগৱতৰ সংক্ষিপ্ত সাৰ গুণমালা পুথিহে যথা নিয়মেৰে সাত বৈকুণ্ঠ সদৃশ সাত খলপীয়া সিংহাসনত স্থাপন কৰা হয়। এই সিংহাসন গুৰু, দেৱ, নাম আৰু ভকত এই চাৰি খুটিৰ ওপৰত প্ৰতিষ্ঠিত। সিংহাসনৰ তলৰ পৰা কাছ, হাতী আৰু সিংহ অঙ্কিত কৰা হয়। কাছক ধৰিত্ৰী অৰ্থাত্ পৃথিৱী, হাতীক পাপ আৰু সিংহক নামৰ প্ৰতীক হিচাপে ধৰি নাম সিংহই পৃথিৱীৰ ওপৰত থকা পাপসমূহ নিঃশেষ কৰিব বুলি সুদৃঢ় বিশ্বাস ৰাখি ভক্তসকলে হৰিৰ গুণানুকীৰ্তনেৰে ভকতি কৰে। নামঘৰ নিৰ্মাণৰ বাবে প্ৰথম অৱস্থাত কাঠ-বাঁহ-খেৰ আদিৰ দৰে সাধাৰণভাৱে উপলভ্য সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল যদিও বৰ্তমান ইটা-শিল-বালিৰেও নিৰ্মাণ কৰা হয়। গাঁৱৰ সকলো মানুহে বহি একেলগে নাম-কীৰ্ত্তন কৰিব পৰাকৈ নামঘৰক সাধাৰণতে আহল-বহল, ওখ আৰু মুকলিভাৱে নিৰ্মাণ কৰা হয়। ইয়াৰ সন্মুখ অংশত বাটচ'ৰা নিৰ্মাণ কৰা হয়। নামঘৰ বা কীৰ্তনঘৰ নামঘৰৰ মূল গৃহটি য’ত প্ৰধানকৈ নাম-কীৰ্তন কৰা হয়, সেই ঘৰটোকে নামঘৰ বা কীৰ্তন ঘৰ বোলা হয়। ভগৱান শ্ৰীকৃষ্ণ বা হৰিৰ উপাসনাৰ অৰ্থে নাম-কীৰ্তন কৰা হয় বাবে ইয়াৰ অন্য এটা নাম হৰি মন্দিৰ। নামঘৰ পুৱা-পশ্চিমাকৈ সজা হয়। ইয়াত সাধাৰণতে তিনি,পাঁচ বা সাত আদি অসমান কোঠা বা খোটালি ৰখা হয়। খোটালিবিলাকৰ মাজত কোনো বেৰ নাথাকে। নামঘৰৰ সাতটা খোটালিক সপ্ত বৈকুণ্ঠৰ লগত তুলনা কৰা হয়। অৰ্থাৎ নামঘৰ হ’ল মৰ্ত্যৰ বৈকুণ্ঠপুৰী। আগতে নামঘৰ নিৰ্মাণত থলুৱাভাৱে উৎপাদিত বেত, বাঁহ, কাঠ, খেৰ আদি সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল। আজিকালি অৱশ্যে ইটা, শিল,বালি, টিন, লোহা, চিমেণ্ট আদি ব্যৱহাৰ কৰা হয়। নামঘৰ নিৰ্মাণত ব্যৱহাৰ কৰা সঁজুলি বিলাক হ’ল –কুমৰ খুটা, পাৰিখুটা, বৰচ’টি, ফুলচ’টি, দমৰা বা বহিখোৱা, মাৰলি বা জাং, চাল, গুৱা, জেঠি, কামী, পানীচ’টি (সৰুচ’টি) ইত্যাদি। নামঘৰৰ একেবাৰে পশ্চিম ফালৰ কোঠাটোত অৰ্দ্ধবৃত্তাকাৰ কৰি টুপ সাজে। এই টুপটোক ঘঁৰিয়াল টুপ বোলে। এনেকৈ টুপ সজাৰ এটি বিশেষ কাৰণ আছে। প্ৰসঙ্গ প্ৰণালীত নামাচাৰ্যসহ ভকতসকলে অৰ্দ্ধবৃত্তাকাৰে প্ৰসঙ্গ কৰিবলৈ বহাৰ নিয়মৰ লগত ইয়াৰ সাদৃশ্য দেখা যায়। নামঘৰৰ খুটা, বৰচ’টি, দমৰা আদিত সুন্দৰকৈ লতা-ফুল কাটি হেঙুল-হাইতালেৰে বোলাই ধুনীয়াকৈ সজোৱা হয়। এনে কাৰু কাৰ্যই অসমীয়া শিল্পীৰ ভাস্কৰ্যবিদ্যাৰ পৰিচয় দাঙি ধৰে। নামঘৰৰ প্ৰথম কোঠাৰ প্ৰথম খুটাযোৰ এৰি প্ৰথম দ্বিতীয় কোঠাৰ মাজত অৰ্থাৎ দ্বিতীয় খুটাযোৰৰ উত্তৰ ফালৰ খুটাটোৱেই নামঘৰৰ ঘাই খুটা। ইয়াকে শিৰৰ খুটা বা লাই খুটা বোলে। এই খুটাটোৰ গুৰিতেই গুৰুজনা বহিছিল বুলি জনা যায়। সেয়ে এই খুটাটোৰ গুৰিত ধৰ্মাধিকাৰ বা গুৰুস্থানীয় ব্যক্তিৰ বাদে আন সাধাৰণ মানুহ বহাতো সমীচীন নহয় বুলি কোৱা হয়। এনেয়েও অন্যান্য খুটাৰ ওচৰতো নাম প্ৰসঙ্গ বা কীৰ্তন পাঠ, ভাগৱত চৰ্চাৰ সময়ত অলসভাৱে আঁউজি বহাতো অনুচিত বুলি বিশ্বাস কৰা হয়। মণিকূট নামঘৰৰ পূৱত মূল নামঘৰৰ গাতে লাগি থকা সৰু গৃহটিৰ নাম মণিকূট। কীৰ্তন ঘৰটোৰ পূৱৰ কোঠাৰ পৰা ইয়ালৈ সোমাব পৰাকৈ নামঘৰৰ পূৱতে উত্তৰা-দক্ষিণাকৈ মণিকূটটো নিৰ্মাণ কৰা হয। এই মণিকূটতে শংকৰদেৱে শাস্ত্ৰ প্ৰণয়ন আৰু ধৰ্ম চৰ্চা কৰিছিল বুলি গুৰুচৰিতৰ পৰা জনা যায়। মণিকূটৰ সোঁমাজতে কাঠৰ আসন বা থাপনা পাতি তাত মহাপুৰুষ দুজনা (শঙ্কৰ-মাধৱ)ৰ ৰচিত যিকোনো এখন বিশেষ পুথি থয়। এনে পুথিৰ ভিতৰত দশম (ভাগৱতৰ দশম স্কন্ধ), কীৰ্তন, নামঘোষা, ভক্তি ৰত্নাৱলী, গুণমালা আদিয়েই উল্লেখযোগ্য। মণিকূট শব্দটোৰ অৰ্থ ভাঙিলে দেখা যায যে 'মণি'ৰ অৰ্থ হৈছে ৰত্ন আৰু 'কূট'ৰ অৰ্থ হৈছে ঘৰ; অৰ্থাৎ ৰত্ন থোৱা ঘৰ। ইয়াত মণি বা ৰত্ন হৈছে শঙ্কৰ-মাধৱ পুৰুষৰ ৰচিত গ্ৰন্থ যাক সিংহাসনত বা থাপনাত উপাসনাৰ বস্তু হিচাপে ৰখা হয়। মণিকূটত আসন বা থাপনাৰ উপৰিও নামঘৰৰ অত্যাৱশ্যকীয় সম্পত্তি যেনে –দবা, শংখ, ঘণ্টা, কাঁহ, শৰাই, টৌ, বান, লোটা, কলহ, বৰবাটি, ঠগা, ডলা-ছালনী, পাচি খৰাহি, ভোৰতাল আদি ৰখা হয়। মণিকূটৰ এদাঁতিত এখন চাং পাতি তাত কীৰ্তন, দশম, নামঘোষা, ৰত্নাৱলী, সাঁচিপাতৰ পুথি, বৰগীত আদি পুথিবোৰ সযতনে ৰখা হয়। নামনি অসমৰ বৰপেটাত নামঘৰৰ পূৱফালে থকা মণিকূটটোক ভাঁজঘৰ বোলে। এই ভাঁজঘৰটো চাৰিচুকীয়া, চালবোৰ ভাঁজখোৱা বা দোঁখোৱা আৰু চাৰিওফালে পানীপচাটো গোলাকাৰ হয়। অসমৰ অন্যান্য ঠাইত মণিকূটটো এনে ভাঁজঘৰ নহয়, দুচলীয়া ঘৰহে। যিবিলাক ঠাইত মণিকূট নাথাকে বা সাজিবৰ সামৰ্থ্য নাথাকে তেনে ঠাইৰ নামঘৰৰ পূৱৰ প্ৰথম খোটালিকে মণিকূট হিচাপে ব্যৱহাৰ কৰি তাতে আসন প্ৰতিষ্ঠা কৰে। গুৰু আসন মণিকূটৰ মধ্যভাগত কাঠেৰে নিৰ্মিত যি আসন বা থাপনা পতা হয় তাকে সাধাৰণ অৰ্থত গুৰু আসন বোলা হয়। বৰপেটা নামঘৰৰ প্ৰথম কোঠাটো এৰি দ্বিতীয় কোঠাৰ মূৰতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ,মহাপুৰুষ মাধৱদেৱ,আৰু বদুলা আতাৰ নামত তিনিখন আসন পতা আছে। গুৰু আসন তিনি প্ৰকাৰৰ; সিংহাসন,গৰুড়াসন আৰু ম’ৰাসন। ৰাজহুৱা নামঘৰত সাধাৰণতে সিংহাসনহে প্ৰতিষ্ঠা কৰা হয়। সিংহাসন তিনি খলপাৰ পৰা সাত খলপা পৰ্যন্ত হ’ব পাৰে। সিংহাসনৰ খলপা কেইটাত দশৱতাৰ আৰু কৃষ্ণলীলা সমূহ হেঙুল হাইতালেৰে অঙ্কিত কৰা থাকে। সিংহাসনৰ খুড়াবোৰ বিচিত্ৰ ৰূপত খোদিত কৰা হয়। খুড়া চাৰিটাৰ একেবাৰে তলত কাছ,কাছৰ ওপৰত হাতী আৰু হাতীৰ ওপৰত সিংহ কটা থাকে। ওপৰৰ খলপা কেইটাত থকা খুটা কেইটাত হাতী আৰু সিংহ কটা থাকে। সিংহাসনৰ সাতোটা খলপা সপ্ত বৈকুণ্ঠ (ক্ৰমে শ্বেতবিলাস, শান্তনুবিলাস, পুষ্পবিলাস, পঙ্কজ বিলাস, কনক দন্ত, সনাতন আৰু গোলোক)ৰ লগত তুলনা কৰা হয়। আনহাতে খুটাত থকা কাছ ভক্তিৰ প্ৰতীক, হাতী পাপৰ আৰু সিংহ নামৰ প্ৰতীক। কাছই যেনেকৈ তাৰ অংগ খোলাটোৰ ভিতৰত সুমুৱাই ৰাখিব পাৰে, ভক্তয়ো তেনেকৈ ৰিপু সমূহ অৱদমন কৰিব পাৰে। ভক্তৰ হৃদয়ত কেতিয়াও পাপে প্ৰৱেশ কৰিব নোৱাৰে। কেতিয়াবা পাপ লগ পালে ৰাম নাম প্ৰমত্ত সিংহই পাপ হস্তীক দমন কৰে। সিংহাসনৰ ওপৰৰ খলপাত থকা সৰু ঘৰটিৰ নাম আমহী ঘৰ। এই ঘৰৰ চাৰিওফালে চাৰিটা আৰু ওপৰত এটা কলচি থাকে। আমহী ঘৰৰ তিনিফালে চটে সৈতে কাপোৰেৰে বেৰা থাকে। এই আমহী ঘৰৰ ভিতৰতে আগতে উল্লেখ কৰা গুৰু দুজনা ৰচিত এখনি বিশেষ পুথি বা ভাগৱত প্ৰতিষ্ঠা কৰা হয়। ভাগৱতখন তলে ওপৰে বগা কাপোৰেৰে ঢকা থাকে। আমহী ঘৰটি পূৰ্ণকৃষ্ণ ভগৱন্তৰ স্থান। সিংহাসনত ভাগৱত প্ৰতিষ্ঠা কৰাৰ পিছত ই প্ৰাণৱন্ত হৈ পৰে আৰু তেতিয়াই সেই আসনে গুৰু আসন নাম পায়। থাপনা বা সিংহাসনত দিয়া কাপোৰ বোৰত গাঁৱৰ শিপিনী সকলে বিভিন্ন ৰঙৰ আঁচুৰে ডাঙৰ ডাঙৰ বিচিত্ৰ ফুল,গছ আদি বৈ দিয়ে আৰু মাজে মাজে ঘোষা,পদ আদিও সুন্দৰকৈ বৈ দিয়ে। এই বিচিত্ৰ কাপোৰ বোৰত আৰি দিয়া সোণ ৰূপৰ ফুলবোৰে আকাশত তৰা জিকমিকোৱাৰ দৰে জেউতি চৰায়। এই গুৰু আসনৰ ওপৰত সুন্দৰকৈ চন্দ্ৰতাপ অঁৰা হয়; চন্দ্ৰতাপৰ চাৰিচুকে চাৰিটা আৰু মাজতে এটা চোঁৱৰ আঁৰি দিয়া হয়। গুৰু আসনৰ সমুখতে নিতৌ পুৱা আৰু সন্ধিয়া এগছি বন্তি জ্বলাই দবা কাঁহ বজোৱা আৰু সন্ধিয়া প্ৰসঙ্গ কৰাটো নামঘৰৰ এটা নিত্য-নৈমিত্তিক কাম। মূল চাকিগছ সকলো সময়তে জ্বলি থাকে। সেয়ে এই বন্তি গছিক ‘অক্ষয় বন্তি’ বুলি কোৱা হয়। ছোঁ ঘৰ নামঘৰৰ পশ্চিমফালে সাধাৰণতে দক্ষিণ-পশ্চিম কোণত নামঘৰৰ কাষতে এটি ঘৰ সজা হয়। ইয়াক ছোঁ ঘৰ বোলে। ছোঁ ৰ অৰ্থ হৈছে মুখা। ভাওনাত ব্যৱহৃত বিভিন্ন ছোঁ বা মুখা, অস্ত্ৰ-শস্ত্ৰ (ধনু,কাড়,টোণ, গদা আদি),দৃশ্যসজ্জাৰ বস্ত্ত-বাহানি আদি এই ঘৰতে ৰখা হয় বাবে ইয়াক ছোঁঘৰ বোলা হয়। ইয়াতেই ভাৱৰীয়া সকলক পোছাক-পৰিচ্ছদ,মুখা,আ-অলংকাৰ আদি পৰিধান কৰোৱা আৰু ৰূপসজ্জা বা সাজন-কাচন আদি কৰা হয়। ইয়াৰ পৰাই ভাৱৰীয়াই নামঘৰৰ ভিতৰত ভাওনাথলীত প্ৰৱেশ কৰে আৰু প্ৰয়োজন সাপেক্ষে পুনৰ ইয়ালৈকে ঘূৰি আহি প্ৰয়োজনীয় কামবোৰ কৰি লয়। ভাওনাৰ সময়ত ছোঁঘৰেই 'গ্ৰীণৰূম'ৰ কাম কৰে। ভাওনা হৈ গ’লে ছোঁঘৰতেই ভাওনাত ব্যৱহৃত ছোঁ, অস্ত্ৰ-শস্ত্ৰাদি সংৰক্ষণ কৰি ৰখা হয়। ছোঁঘৰৰ ব্যৱস্থা নথকা নামঘৰত ভাওনাৰ সময়ত নামঘৰৰ পূৱে এখন চালি দি ছোঁ ঘৰৰ কাম কৰা হয়। এইখনক হাতী চালি বোলে। হাতীচালি আৰু নামঘৰৰ ব্যৱধান ৰক্ষা কৰিবৰ বাবে এখনি আঁৰ কাপোৰ তৰি দিয়া হয়। বাটচ’ৰা নামঘৰৰ চৌহদত প্ৰৱেশ কৰাৰ আগতে ৰাষ্টাৰ দাঁতিতে প্ৰৱেশ পথত এটি সৰু ঘৰ সজোৱা থাকে। এই ঘৰটিক বাটচ’ৰা বোলে। ৰাঙলী ঘৰ নামঘৰৰ পশ্চিমে টুপতে লাগি থকাকৈ এটি সৰ ঘৰ সঁজা থাকে। এই ঘৰটিৰ নাম ৰাঙলী ঘৰ। এই ঘৰটিতে ভকতসকলক আদৰা হয়। সকলো নামঘৰতে অৱশ্যে ৰাঙলী ঘৰ নাথাকে। নামঘৰৰ বিভিন্ন কাৰ্যাৱলী মূলতঃ নামঘৰত ভকত সকলে ভগৱন্তৰ গুণানুকীৰ্তন কৰাৰ আটাইতকৈ উপযুক্ত স্থান হিচাপে বিবেচনা কৰি সকলোৱেই বৈকুণ্ঠ জ্ঞান কৰে। নামঘৰত ভগৱানৰ নাম-কীৰ্ত্তন কৰা হয়। ইয়াৰ লগতে বিভিন্ন সামাজিক বিষয়, দোষী-নিৰ্দ্দোষীৰ বিচাৰ, ধৰ্ম্মীয় অনুশাসনৰ আলোচনাও নামঘৰত কৰা হয়। নামঘৰৰ আন এক বিশেষত্ব হৈছে ইয়াত ভাওনা,গীত, নৃত্য আদিৰ প্ৰদৰ্শন কৰা। মহাপুৰুষ দুজনাৰ দ্বাৰা ৰচিত আৰু অন্যান্য নাট্যকাৰসকলৰ দ্বাৰা ৰচিত ভক্তিমূলক নাটসমূহ নামঘৰত প্ৰদৰ্শন কৰা হয়। নামঘৰৰ ভাওনাত ব্যৱহাৰ হোৱা মুখা আদি আৰু বৃন্দাৱনী বস্ত্ৰৰে তৈয়াৰ কৰা সপ্ত বৈকুণ্ঠৰ পট অঙ্কন কাৰ্য্য নামঘৰতে আৰম্ভ কৰে। নামঘৰত ভকতসকল বহিবৰ বাবে বাঁহৰ ঢাৰি বা কলপাতৰ শুকান ঠাৰিৰে নিৰ্মাণ কৰা কঠ বা গোগুলেৰে বৈ উলিওৱা কঠ ব্যৱহাৰ কৰা হয়। নামঘৰৰ মণিকূটৰ ভিতৰত থাপনাৰ সন্মুখত শৰাই পাতি কেঁচা মাহ, পকা কল, কুঁহিয়াৰ, নাৰিকল ইত্যাদিৰ নৈবদ্য অৰ্পণ কৰা হয়। যাক মাহ-প্ৰসাদ বোলে। নাম-কীৰ্ত্তনৰ অন্তত সকলোৱে মিলি ইয়াক গ্ৰহণ কৰে। মাহ-প্ৰসাদ দিবৰ বাবে কলপাত ব্যৱহাৰ কৰা হয়। নামঘৰত ভিতৰত সাধাৰণতে অন্য আহাৰ গ্ৰহণ কৰা নহয়। অসমৰ কেইটামান প্ৰধান নামঘৰ ঢেঁকীয়াখোৱা বৰ নামঘৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ তথ্য সংগ্ৰহ বাহ্যিক সংযোগ বৈষ্ণৱ সমাজৰ সেৱাৰ থলী নামঘৰ, লিখক: লক্ষেশ্বৰ হাজৰিকা, সাহিত্য ডট অৰ্গ অসমৰ সংস্কৃতি নৱবৈষ্ণৱ
71000
https://as.wikipedia.org/wiki/%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%9F%20%E0%A6%9B%E0%A6%BE%E0%A6%87%E0%A6%AE%E0%A6%A8
হাৰ্বাৰ্ট ছাইমন
হাৰ্বাৰ্ট এলেকজেণ্ডাৰ ছাইমন (১৫ জুন ১৯১৬ ৯ ফেব্ৰুৱাৰী ২০০১) এগৰাকী আমেৰিকান অৰ্থনীতিবিদ, ৰাজনীতি বিজ্ঞানী আৰু মনোবিজ্ঞানী। তেওঁৰ গৱেষণা মূলতঃ সংগঠনৰ ভিতৰত নিৰ্ণয় গ্ৰহন কৰাৰ প্ৰক্ৰিয়াৰ বিষয়ে। "পৰিসীমিত তৰ্কসংগতি" আৰু "উপতুষ্টিকৰণ" তেওঁৰ দ্বাৰা বিকশিত দুই অতিকৈ জনপ্ৰিয় তত্ত্ব। "অৰ্থনৈতিক সংগঠনৰ ভিতৰত নিৰ্ণয় গ্ৰহণৰ অধ্যয়নৰ বাবে" তেওঁক ১৯৭৮ত অৰ্থনীতিৰ নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল। ১৯৭৫ত তেওঁক কম্পিউটাৰ বিজ্ঞানৰ সৰ্বোচ্চ সন্মান ৰূপে খ্যাত টিউৰিং বঁটাৰে সন্মানিত কৰা হৈছিল "কৃত্ৰিম বুদ্ধিমত্তা, মানৱ চিন্তাৰ মনোবিজ্ঞান আৰু তালিকা প্ৰক্ৰিয়াজাতকৰণ )"ৰ অধ্যয়নলৈ অৱদানৰ বাবে। ছাইমনৰ গৱেষণাই কেইবাটাও বিষয় সামৰি লৈছিল, বিশেষকৈ, মানসিক প্ৰক্ৰিয়াৰ অধ্যয়ন কম্পিউটাৰ বিজ্ঞান, ৰাজহুৱা প্ৰশাসন, ৰাজনীতি বিজ্ঞান আদি। ১৯৪৯ৰ পৰা ২০০১লৈ তেওঁ কাৰ্ণেগি মেলন বিশ্ববিদ্যালয়ত অতিবাহিত কৰিছিল প্ৰশাসন বিষয়ৰ অধ্যাপক হিচাপে আৰু কাৰ্ণেগি প্ৰযুক্তি প্ৰতিষ্ঠানত ঔদ্যোগিক পৰিচালনৰ অধ্যক্ষ হিচাপে। পাছলৈ, এই বিশ্ববিদ্যালয়তেই তেওঁ কম্পিউটাৰ বিজ্ঞান আৰু মনোবিজ্ঞানো পঢ়াবলৈ লয়। উল্লেখনীয়ভাৱে, ছাইমনে কেইবাটাও আধুনিক প্ৰযুক্তিৰ বিকাশত অগ্ৰণী ভূমিকা পালন কৰিছিল, যেনে কৃত্ৰিম বুদ্ধিমত্তা, তথ্য প্ৰক্ৰিয়াজাতকৰণ, নিৰ্ণয় গ্ৰহণ, সমস্যা সমাধান, সংগঠন তত্ত্ব আৰু জটিল ব্যৱস্থা। পাৱাৰ ল বিতৰণৰ বিশ্লেষণতো ছাইমনৰ বিশেষ অৱদান আছে। জীৱন আৰু শিক্ষা ছাইমনৰ জন্ম ১৯১৬ চনৰ ১৫ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱিস্কন্সিন ৰাজ্যৰ মিলৱাউকিত হৈছিল। ছাইমনৰ দেউতাক আৰ্থাৰ ছাইমন আছিল এগৰাকী ইহুদী অভিযন্তা আৰু উদ্ভাৱক। ছাইমনৰ মাতৃ এডনা মাৰ্কেল আছিল এগৰাকী নামী পিয়ান'বাদক। ছাইমনৰ পিতৃ জাৰ্মানীৰ আৰু মাতৃ প্ৰাগৰ আছিল। মিলৱাউকী পাব্লিক স্কুলত অধ্যয়ন কৰি থাকোতেই ছাইমন বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হ'ল। বিধ্যালয়ত পঢ়ি থাকোতেই তেওঁ নিজকে নাস্তিক ঘোষণা কৰিলে আৰু "মিলৱাউকী জাৰ্ণাল"লৈ চিঠি লিখি নাস্তিকসকলৰ ৰাজহুৱা অধিকাৰৰ বিষয়ে যুক্তি দাঙি ধৰিলে। সৰুৰে পৰাই ছাইমনক এই শিক্ষা দিয়া হ'ল যে মানুহৰ ব্যৱহাৰ আৰু চিন্তাকো বৈজ্ঞানিক দৃষ্টিৰে অধ্যয়ন কৰিব পৰা যায়। তেওঁৰ মোমায়েক হেৰল্ড মাৰ্কেল আছিল ৱিস্কন্সিন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰ- হেৰল্ডৰ অৰ্থনীতি আৰু মনোবিজ্ঞান বিষয়ক পাঠ্যপুথি পঢ়িয়েই ছাইমনৰ প্ৰথম পৰিচয় হ'ল সমাজ বিজ্ঞানৰ জগতৰ সৈতে। নৰমান এংগেলৰ গ্ৰন্থ "দ্য গ্ৰে'ট ইলিউজন" আৰু হেনৰী জৰ্জৰ গ্ৰন্থ "প্ৰগ্ৰেছ এণ্ড পভাৰ্টি"য়ে তেওঁক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। উচ্চ-মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে তেওঁ জৰ্জৰ "এক কৰ" ধাৰণাৰ হৈ তৰ্ক প্ৰতিযোগিতাত মাত মাতিছিল। ১৯৩৩ত ছাইমন চিকাগো বিশ্ববিদ্যালয়ত পঢ়িবলৈ গ'ল, সমাজ বিজ্ঞান আৰু গণিতৰ ছাত্ৰ হিচাপে। তেওঁ লগতে জীৱবিজ্ঞান পঢ়াৰ কথাও ভাবিছিল, পিচে তেওঁ চকুৰে ভিন্ন ৰঙৰ মাজত পাৰ্থক্য নুবুজিছিল আৰু লেবৰেটৰীত কাম কৰাও ভাল নাপাইছিল বাবে সেই চিন্তা ত্যাগ কৰিছিল। ৰ বাবেই ছাইমনে সৰুৰে পৰাই বুজি উঠিছিল যে বাহ্যিক জগৎ আৰু মানুহৰ মস্তিষ্কৰ ভিতৰৰ জগৎ পৃথক হ'ব পাৰে। মহাবিদ্যালয়ত অধ্যয়ন কৰোঁতে ছাইমনে ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিত গুৰুত্ব দিছিল। ইকনমেত্ৰিচিয়ান আৰু অৰ্থনীতিবিদ হেনৰী শ্বাল্টজ আছিল ছাইমনৰ বাবে এক অতিকৈ গুৰুত্বপূৰ্ণ শিক্ষক আৰু প্ৰভাৱ। ছাইমনে নিজৰ বি এ (১৯৩৬) আৰু পি এইচ ডি (১৯৪৩) দুয়োৱেই ৰাজনীতি বিজ্ঞানত কৰিছিল। "পৌৰসভাৰ আকাৰ নিৰ্ণয়" )ৰ বিষয়ে অধ্যয়ন কৰিবলৈ লৈ তেওঁ ক্লেৰেন্স ৰিডলে'ৰ ৰিচাৰ্চ এচিষ্টেণ্ট হৈ পৰিল। দুয়োৱে একেলগে লিখি উলিয়ালে ১৯৩৮ত। এনে অধ্যয়নে ছাইমনক সাংগঠনিক নিৰ্ণয় গ্ৰহণৰ অধ্যয়নৰ দিশলৈ লৈ গ'ল, যি তেওঁৰ পি এইচ ডিৰ বিষয়ো হ'ল আৰু যাৰ বাবে পাছলৈ তেওঁ অৰ্থনীতিৰ নোবেল বঁটাৰে সন্মানিত হ'ল। প্ৰকাশন হাৰ্বাৰ্ট ছাইমনে ২৭খন গ্ৰন্থ আৰু প্ৰায় ১০০০ গৱেষণা পত্ৰা প্ৰকাশ কৰিছিল। কৃত্ৰিম বুদ্ধিমত্তা আৰু মনোবিজ্ঞান বিষয়ত ছাইমন ২০১৯লৈকে সৰ্বাধিক উদ্ধৃত গৱেষক, গুগল স্কলাৰত প্ৰায় ১০০০ অতিকৈ উদ্ধৃত প্ৰকাশনেৰে, তেওঁ আছিল বিংশ শতিকাৰ সৰ্বাধিক জনপ্ৰিয় সমাজ বিজ্ঞানীৰ অন্যতম। গ্ৰন্থ 1947. 1997, 1957. 1958 1969. 1981, 1996, 1972 (1972). 1977. 1979. 1 2. 1982. 1 2. 3. 1997, 1 2 1982. 1983. 1982. 1987 1991. 1997. 2008 প্ৰবন্ধ 1938 1943. 1945. 1955. 69, 99–118. 1956. 1956. 1982, 1, 235–44. 1958 1967. 74, 29–39, 1. 1972. 8 1980 87, 215–251. 1985 79, 2 1985), 293–304 1989 120-124. 1992 3(3), 150-161 1995 205–228). 1998 1, 227–278. 2000 1, 2, 29–49. তথ্য সংগ্ৰহ উদ্ধৃতি উৎস 5, 2 (1991), 25–44. অৰ্থনীতিবিদ ৰাজনীতি বিজ্ঞানী
78934
https://as.wikipedia.org/wiki/%E0%A6%89%E0%A6%AE-%E0%A6%AB%E0%A6%BE
উম-ফা
ক্ষেক উম-ফা হৈছে আহোম সকলে পালন কৰা এক প্ৰকাৰৰ উৎসৱ উৎসৱ ৰ প্ৰধান উপাস্য দেৱতা হ'ল ফা ন্যুৰু লেংদন। এই লেংদন স্বৰ্গদেৱে চীনৰ ম্যু-ফী ৰাজ্যৰ পৰা লুং আৰু লাইক ম্যুৰি-মুংৰামলৈ পঠাওঁতে যি উৎসৱ পালন কৰা হৈছিল সিয়েই কালক্ৰমত ফা উৎসৱ ৰ ৰূপ গ্ৰহণ কৰা বুলি বিশ্বাস কৰা হয়। আহোম সকলে ৰাজ্য,প্ৰজা,ধন-ধান ঐশ্বৰ্য তথা শত্ৰু জয়ৰ বাবে এই উৎসৱ কৰিছিল। ফা উৎসৱ ত ফৰিং,হাহ,কুকুৰা,গাহৰি,ছাগলী,ম'হ আনকি হাতীও বলি দিয়া হৈছিল। এই উৎসৱ ৰ বাবে এখন আঠকোণীয়া বেদী নিৰ্মাণ কৰা হয় আৰু তিনিশ্ৰেণী দেৱতাৰ বাবে তিনিখন চাং সজা হয়। কেন্দ্ৰিয় বেদীত আহোম সকলৰ প্ৰাকৃতিক শক্তিৰ আধাৰ দেৱতা লেংদন (স্বৰ্গাধিপতি),লাংদিন(পৃথিৱী) খামখাও(জলদেৱতা) প্ৰভুতি সাতজনক উৎসৱ কৰা হয়। এই প্ৰধান দেৱতাসকলৰ বাহিৰেও ছেং মুন,ছেংবান (চন্দ-সূৰ্য আৰু জ্যাছিংফা (বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী) কো উপাসনা কৰা হয়। বেদীৰ সন্মুখত কল গছৰ খুটা এটা প্ৰতিষ্ঠা কৰি তাত একুৰি পাঁচ গছ চাকি দয় মা লং ফুৰা (প্ৰকৃতি দেৱতা) ৰ উদ্দেশ্যে প্ৰজ্বলিত কৰা হয়। অতীতক আহোম সকলে যুদ্ধ ক্ষেত্ৰত পৰিধান কৰা কৱচ ফা উৎসৱ ত বলি দান কৰা প্ৰাণীৰ তেজেৰে ব্যঞ্জিত কৰা হৈছিল আৰু এই উৎসৱ ৰ বলিৰ তেজেৰে স্বৰ্গদেউ প্ৰমুখ্যে আহোম সেনাপতি তথা সৈন্যসকলে কপালত তিলক পৰিধান কৰিছিল। তেওঁলোকে দেশ আৰু জাতিৰ মংগলৰ অৰ্থে দেৱতাৰ আশীৰ্বাদ বিচাৰি আৰু লগতে দেৱতাসকলৰ সন্তুষ্টিৰ অৰ্থে এই অনুষ্ঠান আয়োজন কৰে। পৰম্পৰাগতভাৱে এই অনুষ্ঠান সাধাৰণতে চ'ত মাহত অনুষ্ঠিত কৰা হয়। অৰ্থ উম -ফা শব্দৰ অৰ্থ হৈছে-'ওম' মানে উছৰ্গা কৰা আৰু 'ফ্ৰা' বা 'ফা' মানে দেৱতা,অৰ্থাৎ লেঙডন প্ৰমুখ্যে স্বৰ্গৰ দেৱতাসকলৰ প্ৰতি বিশ্বাসেৰে ক্ষেক আগবঢ়োৱাকে বুজায়। উম -ফা উৎসৱ ৰ প্ৰধান উপাস্য দেৱতা হৈছে টাই চাওফা সকলৰ প্ৰধান উপাস্য পুৰুষ 'লেঙডন'। লেঙডনে টাইসকলৰ উপাস্য দেৱতা 'লাওখ্ৰী' আৰু 'জাছিংফা'ৰ সৈতে আলোচনা কৰি খুনলুঙ্ আৰু খুন্ লাইক ম্যুঙৰি ম্যুঙৰামলৈ নমাই পঠাওতে যি বাৰ্ষিক উৎসৱ অনুষ্ঠিত কৰা হৈছিল সেই উৎসৱেই কালক্ৰমত 'উম -ফা উৎসৱ নামেৰে জনাজাত হ'ল। এই উৎসৱ ত সম্পূৰ্ণ বলি-বিধান পদ্ধতিৰে উপৰিপুৰুষ দেৱতাসকললৈ ক্ষেক আগবঢ়োৱা হয়। উম -ফা ক্ষেক উপলক্ষ্যে এটা আঠকোণীয়া বেদী বা দেওঘৰ নিৰ্মাণ কৰা হয়। কেন্দ্ৰীয় বেদীত সাতজন প্ৰধান টাইসকলৰ উপৰিপুৰুষলৈ নৈবেদ্য আগবঢ়োৱা হয়। এই সাতোজন উপৰিপুৰুষ প্ৰাকৃতিক শক্তিৰ আধাৰস্বৰূপ। ইয়াৰ উপৰিও এই উৎসৱ ত চন্দ্ৰ,সূৰ্য আৰু জাছিংফাক ক্ষেক কৰা হয়। ৰু'এন চাও-ছেঙ উম -ফা উৎসৱ ৰ থলী তিনি শাখাত বিভক্ত। পূবফালে কেন্দ্ৰীয় বেদীৰ সন্মুখত হ'-ফিত অন্তৰীক্ষৰ আঠজন প্ৰধান আহোমসকলৰ উপৰিপুৰুষ দেৱতাৰ পাঙ্ পতা হয়। মূল দক্ষিণ দিশত থাকে স্থানীয় উপৰিপুৰুষসকল অৰ্থাৎ ৰু'এন চাও ছেঙ কুলা। পশ্চিমফালে পতা 'হাবিদেওশাল'ত লাংকুৰি প্ৰমুখ্যে পৃথিৱীৰ সীমান্তৱৰ্তী উপৰিপুৰুষ দেৱতাসকলক ক্ষেক দিয়া হয়। প্ৰতিখন দেওশালতে বহুজন দেৱ-দেৱীক বিভিন্ন বিধিৰে তৰ্পণ আগবঢ়োৱা হয়। ইতিহাস অসমত চ্যুকাফাই ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতি পোনপ্ৰথমে উম -ফা ক্ষেক আৰম্ভ কৰে। আৰু তেতিয়াৰ পৰাই এই ক্ষেক আহোমসকলে পালন কৰি আহিছে। নিয়ম অনুসৰি প্ৰতি বাৰ বছৰৰ মূৰে মূৰে এই ক্ষেক অনুষ্ঠিত কৰা হয়। শেহতীয়াকৈ ২০১৬ চনত লাকুৱাৰ ৰঙাগড় আমলখি দেওশালত উম -ফা ক্ষেক অনুষ্ঠিত কৰা হৈছিল। উৎসৱ ৰ সামগ্ৰিক বিধি উম -ফা ক্ষেক আৰম্ভ হোৱাৰ প্ৰায় এক সপ্তাহৰ পূৰ্বে উৎসৱ ৰ দায়িত্বত থকা মলুঙ্ সকলৰ ঘৰত জ্ঞানৰ গুৰু জাছিংফালৈ ক্ষেক যাতে ভালদৰে পৰিচালনা কৰিব পাৰে তাৰ বাবে সেৱা আগবঢ়োৱা হয়। ইয়াৰ উপৰিও উৎসৱ ৰ প্ৰায় তিনিদিন পূৰ্বে পুনৰ উপৰিপুৰুষৰ পৰা ক্ষেক কৰিবৰ বাবে আশিস আৰু আজ্ঞা বিচাৰে। এই কাৰ্য মলুঙ্ সকলৰ ঘৰত অতি পবিত্ৰ বুলি জ্ঞান কৰা আৰু পূৰ্বাপৰ ৰীতি অনুসৰি উপৰিপুৰুষক পূজি অহা 'ডামচুক'ত সম্পন্ন কৰা হয়। অন্যহাতেদি প্ৰায় দহদিনমান আগৰে পৰা উম -ফা উৎসৱ লৈ নিমন্ত্ৰণ পোৱা মলুঙ্ সকলে আত্মস্থ হৈ ঘৰৰ ভিতৰতে সাধনাৰ মনোভাৱেৰে খোৱা-লোৱা আদি সকলো নিয়ম মানি এক সংযমীৰূপত সময় অতিবাহিত কৰাৰ নিয়ম। এই একেবোৰ নিয়মকে উম -ফা লৈ আমন্ত্ৰণ পোৱা দেউৰীসকলেও মানি চলিব লাগে। উম -ফা উৎসৱ ৰ তিনিওখন শালতে তিনিজন দেউৰী থাকে। ইয়াৰ লগতে এজন ঘাই পুৰোহিত বা বৰদেউৰী থাকে। বৰদেউৰীয়ে উৎসৱ ৰ সাতদিন আগৰ পৰা ব্ৰত পালন কৰে। বাকী তিনিজনে তিনিদিন আগৰপৰা ব্ৰত পালন কৰে। উৎসৱ স্থলীলৈ যাওঁতে তেওঁলোকে গাড়ী বা অন্য কোনো বাহনত যাব নোৱাৰে,খোজকাঢ়ি উৎসৱ স্থলীলৈ যায় আৰু যাওঁতে বাটত এক অস্বাভাৱিক উকি মাৰি মাৰি যায়। উল্লেখ্যযোগ্য যে বাটত নদী থাকিলেও নাৱেৰে পাৰ নহৈ সাঁতুৰি পাৰ হোৱাহে নিয়ম। পুৰোহিত বা দেউৰীয়ে এখন বগাঢাৰিৰ চুৰীয়া, মূৰত কলপটুৱাৰ টুপি আৰু হাতত কলপটূৱাৰে বনোৱা গামখাৰু পিন্ধে। উম -ফা উৎসৱ ত প্ৰতিটো কাৰ্যতে কলপাতৰ ব্যৱহাৰ অপৰিহাৰ্য। উৎসৱ ৰ থলীত কোনো ৰঙচঙীয়া কাপোৰ পৰিধান নকৰে আৰু মহিলাসকলে সেইকেইদিন শিৰত আৰু কপালত সেন্দূৰ নলয়। উৎসৱ ৰ আগদিনা পুৰোহিত সকলে তিনিওখন দেওশালৰ বাবে মটঘৰ তৈয়াৰ কৰে। কলপটুৱা আৰু মধুনাৰে মটঘৰ সজা,পাত-পটুৱা কটা,তামোল-পাণ কটা,বাঁহৰ কাঠিৰে বিভিন্ন উপচাৰ দিবৰ বাবে মেহেঙা বা ফুন সজা আদি সকলো কাম প্ৰায় ৬০-৭০ গৰাকী মুলুঙে নিশাটোৰ ভিতৰতে শেষ কৰে। সকলো যাৱতীয় কাম কৰাৰ পূৰ্বে এটা ডাঙৰ মতা কুকুৰা মাৰি কৰাইগুড়ি আৰু পচলাৰ ভাজি 'খহনি খোৱা' বুলি নামলাও খায় আৰু উৎসৱ ৰ দিনটোৰ সৰ্বতোপ্ৰকাৰৰ মংগলৰ বাবে ফুৰা অৰ্থাৎ ইশ্বৰক প্ৰাৰ্থনা জনায়। মলুঙ্ সকলে সভক্তিৰে দেৱতাসকলক পিছদিনাৰ সেৱাৰ থলীলৈ নামি আহিবলৈ আহ্বান জনায়। ইয়াক 'দেও নমুৱা' বোলা হয়। বৰদেওশাল আৰু হিন্দুশাল কৰোঁতে ওপৰত চালি দিয়া হয়,কিন্তু হাবিদেওশাল এজোপা ডাঙৰ বৰগছৰ তলত হয় আৰু ওপৰত চালি নাথাকে। উৎসৱ ৰ দিনা দেউৰীয়ে কাহিলী পুৱাতে গা ধুই,ধূপ-ধূনা জ্বলাই আনুষ্ঠানিকভাৱে উৎসৱ ৰ শুভাৰম্ভ কৰে। বৰদেউৰীয়ে মন্ত্ৰ উচ্চাৰণ কৰাৰ লগে লগে মাদলিয়ালে মাদল বজায়। বৰদেউৰীয়ে বৰদেওশালত সম্পূৰ্ণ টাই আহোম ভাষাত মন্ত্ৰ মাতি উপৰিপুৰুষ দেৱতাসকলক আহ্বান জনোৱাৰ লগে লগে হিন্দুশাল আৰু হাবিদেওশালতো উপৰিপুৰুষ দেৱতাসকলক প্ৰাৰ্থনা জনাই ক্ষেক গ্ৰহণ কৰিবলৈ আহ্বান জনাই। মাদলিয়ালে মাদলি বজোৱাৰ লগে লগে তিনিখন দেওশালতে দেউৰীৰ গাত চেঙ্ উঠে (দেও লম্ভে)। উম -ফা উৎসৱ ত বিভিন্ন জীৱ-জন্তু বলি দিয়া হয়। আৰু সেই বলি দিয়া জীৱ-জন্তুৰ তেজ পান কৰি দেও উঠা দেউৰীকেইজনে অস্বাভাৱিক আচৰণ কৰে। দেউৰীৰ গাত দেও উঠি থকাৰ সময়ত ৰাইজে ব্যক্তিগত শুভাশুভ সম্পৰ্কে প্ৰশ্ন সুধি নিজৰ,সমাজৰ, দেশৰ মংগল অমংগলৰ কথা জানিব বিচাৰে। ইয়াৰ পাছত মন্ত্ৰ মাতি পানী ধৰা কাৰ্য শেষ কৰি ঞাপুলক পানী(শান্তিয়নী পানী) পুৰোহিতে বেদীসমূহত ছটিয়ায়। এই জৰা পানী পণ্ডিতসকলেও মূৰত লয় আৰু খায়। এজনে ৰাইজৰ মাজত গৈয়ো উক্ত জৰা পানী ছটিয়ায়। ইয়াকে টাই আহোম ভাষাত 'নাম-জাৰিও জাৰাই কৰা' বোলে। এই নাম জাৰিও জাৰাই কৰোঁতে টাই ভাষাৰ এক মন্ত্ৰ উচ্চাৰণ কৰা হয়। সকলোৰে মংগলাৰ্থে অপায়-অমংগল,মহামাৰী আদিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এই দেৱ-দেৱীসকলক ক্ষেক দি উম -ফা ক্ষেক সম্পন্ন কৰা হয়। তথ্য সংগ্ৰহ টাই
64920
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%B0%E0%A6%A4%20%E0%A6%89%E0%A7%8E%E0%A6%B8%E0%A7%B1
বৰত উৎসৱ
বৰত উৎসৱ বা বৰত পূজা অসম তিৱা জনগোষ্ঠীৰ লোকসকলে পালন কৰা পাৰম্পৰিক ধৰ্মীয় লোক উৎসৱ। প্ৰাচীন অসমৰ তেতেলীয়া তিৱা ৰাজ্যত প্ৰচলিত এই বৰত উৎসৱ কাতি বিহুৰ আৰম্ভণিতে সৰস্বতী পূজা পালন কৰি প্ৰথম বৰত উৎসৱ পালন কৰি পুহ মাহৰ পূৰ্ণিমা ৰাতি মূল বৰত পূজা কৰি উৎসৱ পালন কৰা হয়। তেতেলীয়া ৰাজ্যৰ বুৰঞ্জীৰ অনুসৰি অষ্টাদশ শতিকাৰ আৰম্ভণিৰ পৰা ‘বৰত’ উৎসৱ প্ৰচলিত হৈ আহিছে। নামৰ উৎপত্তি সংস্কৃত ভাষাৰ ব্ৰত শব্দৰ পৰা 'বৰত' নামটো আহিছে। ঈশ্বৰ, দেৱতা বা আন কোনো পৱিত্ৰ বস্তুক সাক্ষ্য কৰি কোনো সংকল্প পূৰণ কৰাৰ বাবে দিয়া আনুষ্ঠানিক ঘোষণা আৰু খাদ্য নোখোৱাকৈ থকাক ব্ৰত বুলি কোৱা হয়। ব্ৰত বহু প্ৰকাৰৰ আছে। ইতিহাস প্ৰাচীন অসমৰ তিৱাসকলৰ কেইবাটাও ঠাল আছিল। তাৰে এটা তিৱা ৰাজ্য আছিল তেতেলীয়া। তেতেলীয়া তিৱা ৰাজ্যৰ ৰজা ৰণসিদ্ধ বা ৰণজয়ৰ দিনৰপৰাই ‘বৰত পূজা’ প্ৰচলন হয় বুলি জনা যায়। তিৱাসকলৰ এই উৎসৱৰ আনুষ্ঠানিক আৰম্ভণিৰ পৰা শেষলৈকে কোঁৱৰ-কুঁৱৰী, বৰতানী প্ৰভৃতি কিছু বিশেষ ব্যক্তিয়ে ব্ৰত পালন কৰাৰ নিয়ম পূৰ্বৰে পৰা প্ৰচলিত হৈ আহিছে। এই বৰত উৎসৱক কোনোৱে কুমাৰী পূজা আৰু কোনোৱে ঊষা-অনিৰুদ্ধৰ প্ৰণয় কাহিনী বুলি বিশ্বাস কৰে। নীতি-নিয়ম বৰত উৎসৱ কাতি মাহৰ অমাৱস্যা তিথিত বা কাতি বিহুৰ দিনৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হয়। তেতেলীয়া পাহাৰৰ দাঁতিত বৰত পূজা অনুষ্ঠিত কৰা হয়। পূজাস্থলীৰ কাষতে এখন কালিকা থান আৰু বংশীবাদন থান নামে দুখন থান থাকে। কালিকা থানত আগতীয়াকৈ পূজা দি বৰত উৎসৱ কৰাৰ নিয়ম। বৰত পূজা আৰম্ভ কৰাৰ আগেয়ে কাতি বিহুৰ দিনা গধূলি সৰস্বতী দেৱীৰ পূজাৰে বৰতৰ পাতনি মেলা হয়। উৎসৱ উদযাপনৰ উদ্দেশ্যে তেতেলীয়া গাঁৱৰ ‘ৱাৰিকে’ নিজ গাঁৱৰ লোকসকলক আৰু কাষৰীয়া গাঁৱৰ লোকসকলৰ নিমন্ত্ৰণ কৰে। সৰস্বতী পূজাৰ দিনাৰ পৰা সপ্তাহৰ মূৰে মূৰে নদীৰ সাতটা ঘাটৰ পৰা সাত ঘট পানী তুলি আনি ব্ৰত পালন কৰি ব্ৰতেশ্বৰীক নোওঁৱা হয়। বিয়াত অকুমাৰী ছোৱালী এজনীয়ে ঘট ধৰাৰ নিয়ম। এটা বিশেষ ‘কুল’ৰ পৰা ব্ৰতেশ্বৰ নিৰ্বাচন কৰা হয়। বিশেষ দলৈ বংশত যদি উপযুক্ত যুৱতী নাথাকে তেনেহলে বৃদ্ধা অথবা আদহীয়া তিৰোতাক ব্ৰতেশ্বৰী নিৰ্বাচন কৰা হয়। যদি সেই কুলত বিশেষ তিৰোতা নাথাকে তেনেহ’লে অন্য ‘কুল’ৰ পৰা ‘বৰতানী’ক নিৰ্বাচন কৰে। পানী তোলা আয়তীসকলে এমাহ জুৰি ‘বৰতানী’ক নোৱায়। বৰতানী নোওঁৱা সময়ত কুৰি অধ্যায় নাম গোৱা হয়। বৰতৰ কুঁৱৰীৰ লগতে চাৰিগৰাকী মূল আয়তীয়ে মাছ-মাংস, তামোল-পান আদি খোৱা নিষেধ। সন্ধ্যা নোওৱা-ধুওৱা কৰাৰ পিছতহে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। অন্যহাতে নোওৱা-ধুওৱা কৰা আয়তীসকলেও এনে নিয়ম পালন কৰিব লাগে। এই নিয়ম ভংগ কৰিলে ভংগ কৰোঁতাৰ অপায়-অমংগল হয় বুলি বিশ্বাস কৰা হয়। পূজা মূল বৰত উৎসৱৰ আগদিনা এখন শৰাইত আগলতি কলাপাত, চাউল, তামোল-পাণ দি থাপনা স্থাপন কৰা হয়। থাপনাত এটা ঘট, এটা জাপি, সাত বা ন-গছ বন্তি জ্বলাই ঘটতো কপাহি কাপোৰেৰে মেৰিয়াই ৰখা হয়। কুঁৱৰীক নোওঁৱাৰ পিছত মূল বৰতৰ দিনালৈকে সেই থাপনা বা ঘৰটোতে পানীতোলা ঘট, জাপি দোলা আদি ৰাখি থোৱা হয়। মূল বৰতৰ দিনা ৰভাস্থলীৰ মাজভাগত পূবমূৱাকৈ এখন চন্দ্ৰাতপ তৰি তলত চাৰিকোণীয়া মাটিৰ মণ্ডপত ‘চাম পীৰা’ পাৰি ‘বৰত কুঁৱৰী’ক বহুৱায়। কুঁৱৰীৰ ওচৰত আয়তীসকল আৰু কাষতে আইসকল বহে। ৰভাৰ প্ৰতিটো খুঁটাত ‘দোলা’ স্থাপন কৰি দোলাৰ কাষে কাষে মূঠতে ৩৬০গছি বন্তি জ্বলোৱা হয়। ১০০ অধ্যায় গীত গোৱাৰ লগে লগে জুইৰ অঙঠা লৈ নাচনিয়াৰসকলে নাচি নাচি ৰভাখনৰ চাৰিওফালে এপাক ঘূৰে। এইদৰে জুই অঙঠা লৈ ঘূৰাটোক ‘অগ্নিগড়’ বন্ধা বোলে। বৰত উৎসৱৰ সামৰণিৰ ফালে পুৱা পীৰা যুঁজ অনুষ্ঠিত হয়। তেতিয়াই কুঁৱৰীৰ দ্বাৰা পূজিত চাম কাঠৰ ‘সুংগৰী পীৰা’ খনকলৈ চাৰিগৰাকী কুমাৰী ছোৱালীৰ মাজত যুঁজ হয়। পীৰা যুঁজ হোৱাৰ সময়ত সাত অধ্যায় গীত গোৱা হয়। আগতে যিগৰাকী ছোৱালীয়ে পীৰাখন নিজৰ আয়ত্তলৈ আনিব পাৰে সেইগৰাকীক ৰজাই বিশেষ পুৰস্কাৰৰে পুৰষ্কৃত কৰিছিল। সেইসময়তে বৰতৰ ‘বিদায়ী গীত’ গাই বৰতৰ কুঁৱৰীক পুনৰ পিছৰ বাৰলৈ বৰত পূজালৈ অহাৰ আমন্ত্ৰণ জনায়। গীত বৰত উৎসৱত ডেকা-গাভৰু আৰু অন্যান্য সকলে গদালীপৰীয়া গীত গায় আৰু পাতিঢোল, পেঁপা বাদ্য বজায়। ডেকা-গাভৰুৰ মাজত গদালীপৰীয়া গীতৰ প্ৰতিযোগিতায়ো অনুষ্ঠিত হয়। উদাহৰণ স্বৰূপে এনেদৰে এজনে আৰম্ভ কৰাৰ গীতৰ মাজে মাজে অঘোষিত এক প্ৰতিযোগিতাৰ সূত্ৰপাত ঘটে। এই প্ৰতিযোগিতাত গাভৰুজনী পৰাজিত হ’লে ডেকাজনে তাইক বিয়া কৰোৱাৰ অধিকাৰ লাভ কৰে। ইয়াৰ বিপৰীতে গাভৰুজনী জয়ী হ’লে ল’ৰাজনে ঘৰ জোঁৱাই কৰি নিয়াৰ অধিকাৰ লাভ কৰে। তথ্য উৎস অসমৰ উৎসৱসমূহ তিৱা
82214
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A6%A6%E0%A7%81%E0%A6%AE%E0%A7%80%20%E0%A6%97%E0%A6%BE%E0%A6%9C%E0%A6%B2%E0%A7%81
পদুমী গাজলু
পদুমী গাজলু হৈছে অসম, ভাৰতৰ এগৰাকী সাহিত্যিক, শিক্ষয়িত্ৰী, কবি আৰু চিত্ৰশিল্পী। বোকাখাতৰ এটি শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰা পদুমী গাজলুৱে পৰৱৰ্তী সময়ত কলিকতাৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ শান্তিনিকেতনৰ পৰা বাতিক শিল্পত প্ৰশিক্ষণ লৈছিল আৰু এনে প্ৰশিক্ষণ গ্ৰহণ কৰা তেখেতেই আছিল চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী মহিলা। তেখেত চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী চিত্ৰশিল্পী। শিক্ষকতাৰ লগতে সাহিত্য-চৰ্চাতো সমপৰিমাণে মনোনিৱেশ কৰা পদুমী গাজুলুৱে 'সেউজীয়া সোণ', 'কাঁচা ঘামেৰ ভিজা আঁচেল' আদিৰ দৰে প্ৰবন্ধ-সংকলন লিখি উলিওৱাৰ লগতে 'কাঁশীফুল', 'নৱোদয়'ৰ দৰে একুৰিমান গ্ৰন্থৰ সম্পাদনা কৰিছে। অসমৰ বিভিন্ন কাকত-আলোচনীত তেখেতৰ দ্বাৰা লিখিত প্ৰায় শতাধিক প্ৰবন্ধ প্ৰকাশিত হৈছে। অসমৰ ভাষা-সাহিত্য আৰু বিশেষকৈ চাহ-জনগোষ্ঠীক নিজৰ অৱদানেৰে সমৃদ্ধ কৰাৰ বাবে গাজলুক সাহিত্যিক পেঞ্চনাৰ হিচাপে স্বীকৃতি দিয়াৰ লগতে এপিপিএল টাটা আইকন বঁটাৰ দৰে একাধিক বঁটা-সন্মানেৰে সন্মানীত কৰা হৈছে। পদুমী গাজলু হৈছে চাহ-জনগোষ্ঠীৰ প্ৰথমগৰাকী সাহিত্যিক পেঞ্চনাৰ। জন্ম আৰু শিক্ষা ১৯৫২ চনত বোকাখাতৰ বৰচাপৰি চাহ বাগিচাত পদুমী হাজলুৰ জন্ম হৈছিল। তেখেতৰ জন্ম হৈছিল এটা শ্ৰমিকৰ পৰিয়ালত। পিতৃৰ নাম আছিল আদিৰাম গাজলু। মাতৃৰ নাম আছিল নিৰজা গাজলু। ১৯৬৯ চনত সদৌ অসম ভিত্তিত আয়োজন কৰা 'মহাত্মা গান্ধী' শীৰ্ষক ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে। বিদ্যালয়ত পঢ়ি থকাৰ পৰাই গাজলু সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। কৰ্মজীৱন ১৯৭৬ চনত স্নাতক চূড়ান্ত বৰ্ষৰ শিক্ষাগ্ৰহণ কৰি থকাৰ কালতেই পদুমী গাজলুৱে কলিকতাৰ বিশ্বভাৰতী শান্তি নিকেতনত ৰূপাংকৰ কলাৰ দুবছৰীয়া পাঠ্যক্ৰম সফলতাৰে শেষ কৰিছিল। এনে পাঠ্যক্ৰম গ্ৰহণ কৰা আৰু শেষ কৰা পদুমী গাজলুৱেই হৈছে চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী মহিলা। ১৯৮১ চনত গাজলুৱে বোকাখাতৰ ৰজাবাৰী হাইস্কুলত 'ক্ৰাফট্ ডিজাইন' বিষয়ৰ শিক্ষয়িত্ৰী হিচাপে কৰ্ম-জীৱনৰ পাতনি মেলিছিল। একেটা সময়তে তেখেতে শিল্প-সাহিত্যৰ চৰ্চাও অব্যাহত ৰাখে। চিত্ৰশিল্পী হিচাপে শান্তিনিকেতনৰ পৰা শিক্ষালাভ কৰি অসমলৈ উভতি অহা পদুমী গাজলুয়ে অসমৰ চাহ জনগোষ্ঠীৰ পৰা অনেক সমল সংগ্ৰহ কৰে। ইয়াৰ লগতে চাহ জনগোষ্ঠীৰ শিল্প-সংস্কৃতিৰ গৱেষণাও কৰিছিল। তেখেতে বেণু মিশ্ৰ, পুলক গগৈ আদি বিশিষ্ট অসমীয়া চিত্ৰশিল্পীৰ দিক্-দৰ্শন আৰু অনুপ্ৰেৰণা লাভ কৰে আৰু বাতিক চিত্ৰত চাহ জনগোষ্ঠীৰ পৰম্পৰাগত আৰ্হি বা ডিজাইনবোৰক তুলি ধৰিবৰ প্ৰয়াস কৰে। বিদ্যালয়ত শিক্ষকতা কৰি থকাৰ লগতে পদুমী গাজলুৱে চাহ জনগোষ্ঠীৰ কিশোৰ-কিশোৰী আৰু মহিলাসকলক সংগঠিত কৰি ক্ৰাফট ডিজাইন, বাটিক আৰ্ট, আল্পনা ডিজাইন আদি শিকায়। সাহিত্যিক জীৱন ১৯৭০ চনৰ পৰাই পদুমী গাজলুৱে অসমৰ ভিন্ন কাকতত লেখা-মেলা কৰিবলৈ আৰম্ভ কৰিছিল। তেখেতে কবিতা, প্ৰবন্ধ আদিৰে সাহিত্য-চৰ্চাৰ পাতনি মেলে। ৰাজ্যৰ বিভিন্ন কাকত-আলোচনী, স্মৃতিগ্ৰন্থত তেখেতে লিখা শতাধিক প্ৰবন্ধ-ৰচনা আৰু কবিতা প্ৰকাশিত হৈছে। পদুমী গাজলুৰ এই লেখাসমূহ দৈনিক জনমভূমি, নীলাচল, অসম বাণী, আজিৰ অসম, অগ্ৰদূত আদি অসমীয়া কাকতত প্ৰকাশিত হৈছিল। মৃত্যুৰ পূৰ্বৱতী সময়ছোৱাত তেখেতে শিৰীষ আমাৰ কথা নামৰ আলোচনী এখন প্ৰকাশৰ প্ৰস্তুতি চলাই আছিল। পদুমী গাজলুৰ কেইখনমান প্ৰবন্ধ-সংকলন হৈছে: 'সেউজীয়া সোণ', 'কাঁচা ঘামেৰ ভিজা আঁচেল' আদি। আনহাতে তেখেতে সম্পাদনা কৰা কেইখনমান গ্ৰন্থ হৈছে (স্ব আৰু যুটীয়াভাৱে) 'কাঁশীফুল', 'নৱোদয়', 'চান্দনী', 'বিবিধা', 'কৰম' আদি। তেখেতে প্ৰায় দুকুৰি গ্ৰন্থ আৰু স্মৃতিগ্ৰন্থ সম্পাদনা কৰিছে। অন্যান্য পদুমী গাজলু প্ৰসাৰ ভাৰতীৰ সৈতেও জড়িত হৈছিল। প্ৰসাৰ ভাৰতীত তেখেতৰ কথিকা প্ৰচাৰ হৈছিল। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত হোৱা চাহ বনুৱাৰ অনুষ্ঠানত তেখেতৰ চাহ বনুৱা শ্ৰমিকৰ জীৱন ধাৰা শীৰ্ষক এই কথিকাখন প্ৰচাৰিত হৈছিল। পদুমী গাজলু অসম সাহিত্য সভা, চাহ জনগোষ্ঠী সাহিত্য সভা, লেখিকা সমাৰোহ সমিতি, প্ৰয়াস অধ্যয়ন চক্ৰ আদি একাধিক অনুষ্ঠানৰ লগত জড়িত হৈছিল। ১৯৯৬-৯৭ চনত তেখেতক অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিলৈ বিশেষভাৱে আমন্ত্ৰিত কৰি সন্মানীয় সদস্য হিচাপে মনোনীত কৰা হৈছিল। ব্যক্তিগত জীৱন পদুমী গাজলুৱে শ্ৰমিক নেতা ৰুকলাল কুৰ্মীৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেওঁলোক দুটি সন্তানৰ অভিভাৱক হয়। বঁটা-বাহন পদুমী গাজলুৱে বিভিন্ন সময়ত লাভ কৰা বঁটা আৰু সন্মানসমূহ হৈছে (১) ৰাজ্যিক মহিলা সংহতি বঁটা, ১৯৭৫ চনত। (২) এপিপিএল টাটা আইকন বঁটা (৩) সাহিত্যিক পেঞ্চনাৰ (চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী সাহিত্য পেঞ্চনাৰ) (৪) অসম সাহিত্য সভাৰ সেউজী প্ৰকাশ (৫) অসম প্ৰকাশন পৰিষদৰ সেউজ গ্ৰন্থমেলা (৬) প্ৰাগ প্ৰেৰণা বঁটা-২০২২ (৭) মেঘালয়ৰ নিউজ প্লাচ চেনেলৰ পৰা জীৱনজোৰা সাধনাৰ বঁটা (৮) ৰিটি একাডেমীৰ পৰা জীৱনজোৰা সাধনাৰ বঁটা (৯) অনুপ্ৰেৰণাৰদ্বাৰা জীৱনজোৰা সাধনাৰ বঁটা (১০) মেঘৰাজ কৰ্মকাৰ আৰু দেউৰাম তাছা বঁটা, ২০০০ চনত (১১) দেউৰাম তাছা স্মাৰক বঁটা, ২০২২ চনত। (২০২২ চনৰ ১৮ জুলাইত বঁটা গ্ৰহণ কৰাৰ কথা আছিল) মৃত্যু ২০২২ চনৰ ১৪ জুলাইত পদুমী গাজলুৱে উচ্চৰক্তচাপজনিত অসুস্থতাৰ সৈতে যুঁজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শেষনিশ্বাস ত্যাগ কৰে। মৃত্যুৰ কিছুদিন আগতে অসুস্থতাৰ বাবে তেখেতক এইখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বোকাখাতৰ লতাবাৰী ৰাজহুৱা শ্মশানত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয়। তথ্যসূত্ৰ অসমীয়া সাহিত্যিক মৃত ব্যক্তি চিত্ৰশিল্পী কবি প্ৰবন্ধকাৰ চাহ জনগোষ্ঠীৰ ব্যক্তি অসমৰ
67718
https://as.wikipedia.org/wiki/%E0%A6%9C%E0%A7%87%E0%A7%8E%E0%A6%9A%E0%A7%81%E0%A6%A8%20%E0%A6%AA%E0%A7%87%E0%A6%AE%E0%A6%BE
জেৎচুন পেমা
জেৎচুন পেমা জন্ম: ৪ জুন ১৯৯০) বৰ্তমান ভূটানৰ ৰাণী। জংখা ভাষাত তেওঁক 'ড্ৰোক গ্যাল্টচুৱেইন' বুলি কোৱা হয়। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে ভূটানৰ "ড্ৰেগন ৰাণী"। তেওঁ ভূটানৰ পঞ্চম তথা বৰ্তমান ৰজা জিগমে খেচাৰ নামগৱেল ৱাংচুকৰ পত্নী। তেওঁ পৃথিৱীৰ আটাইতকৈ কনিষ্ঠতম ৰাণী। তেওঁ ভূটানৰ সিংহাসনৰ উত্তৰাধিকাৰী ৰাজকুমাৰ জিগমে নামগিয়াল ৱাংচুকৰ আৰু দ্বিতীয় ৰাজকুমাৰ জিগমে উগেয়েন ৱাংচুকৰ মাতৃ। প্ৰাৰম্ভিক জীৱন ১৯৯০ চনৰ ৪ জুনত থিম্ফুৰ জিগমে দৰ্জী ৱাংচুক নেচনেল ৰেফাৰেল হস্পিটেলত জেৎচুন পেমায়ে জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাক ধণ্ডুপ গ্যাল্টশ্বেন দুই ট্ৰাচিগাং জংপোন থিনলি টপগে আৰু উগেন শ্বেৰিঙৰ নাতি (ট্ৰাচিগাঙৰ ৰাজ্যপাল) আছিল। তেওঁৰ মাতৃ আউম সোণম চোকি ভূটানৰ অন্যতম পুৰণি অভিজাত পৰিয়াল বুমথাং পাংটিৰ পৰিয়ালৰ সদস্য। সোণম চোকিৰ দেউতাক ভূটানৰ দুজন ৰাণীৰ সহধৰ্মী, ফাণ্টশো চোডেন (বৰ্তমানৰ ৰজাৰ আজু আইতা) আৰু তেওঁৰ ভগ্নী পেমা ডেচেনৰ অৰ্ধ-ভাতৃ আছিল। তেওঁৰ পূৰ্বপুৰুষ হৈছে ট্ৰংচা জিগমে নামগিয়ালৰ ৪৮তম ড্ৰোক দেচী আৰু ১০তম পেনলপ (ৰজা উগেন ৱাংচুকৰ পিতৃ আৰু তেওঁৰ আজু-আইতা আশী য়েশায় চোডেন)। ভূটানৰ ৰজা আৰু ৰাণী দূৰৰ সম্পৰ্কীয় ভাই। জেৎচুন পেমা পাঁচগৰাকী সন্তানৰ ভিতৰত দ্বিতীয়। তেওঁৰ দুজন ভাতৃ ক্ৰমে থিনলে নৰ্বু আৰু জিগমে নামগিয়াল আৰু দুই ভগ্নী চেৰচেন ডোমা আৰু ইয়েটছো লামো (জ্যেষ্ঠ, যি ৰজাৰ ভায়েক ৰাজকুমাৰ গ্যাল্টশ্বাব জিগমে দৰ্জী ৱাংচুকৰ পত্নী)। পেমাৰ প্ৰাৰম্ভিক শিক্ষা থিম্ফুৰ লিটিল ড্ৰেগন স্কুল, চানচাইন স্কুল (১৯৯৫-৯৬) আৰু অৱশেষত চানগাংখা নিম্ন মাধ্যমিক বিদ্যালয় (১৯৯৭-৯৮) হৈছিল। তাৰ পিছত তেওঁ ১৯৯৯-২০০০ চনত ভাৰতৰ পশ্চিম বংগৰ কালিম্পংৰ চেণ্ট জোচেফ কনভেণ্ট স্কুলত শিক্ষা লাভ কৰে। তেওঁ ২০০১ চনৰ পৰা ২০০৫ লৈ থিম্ফুৰ লুংটেনজাম্পা মধ্য মাধ্যমিক বিদ্যালয়ত মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল আৰু ২০০৬ চনৰ এপ্ৰিলত তেওঁ ভাৰতৰ হিমাচল প্ৰদেশৰ সোলানৰ লৰেন্স স্কুল, সানাৱাৰত নামভৰ্তি কৰিছিল। তেওঁ লৰেন্সৰ একাদশ শ্ৰেণীৰ শিক্ষাৰ্থী হিচাপে যোগদান কৰিছিল আৰু ইংৰাজী, ইতিহাস, ভূগোল, অৰ্থনীতি আৰু চিত্ৰকলা অধ্যয়ন কৰিছিল। তেওঁ ২০০৮ চনৰ ৩১ মাৰ্চত উচ্চতৰ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিছিল। তাৰ পিছত তেওঁ ৰিজেণ্ট বিশ্ববিদ্যালয় লণ্ডনত শিক্ষা আৰম্ভ কৰে। তেওঁ আন্তৰ্জাতিক সম্পৰ্কত ডিগ্ৰী লাভ কৰে আৰু মনোবিজ্ঞান আৰু কলা ইতিহাসকো বিষয় হিচাপে লৈছিল। বিবাহ ২০১১ চনৰ ২০ মে' তাৰিখে সংসদৰ সপ্তম অধিৱেশন মুকলি কৰাৰ সময়ত ৰজাই তেওঁলোকৰ বিয়াৰ কথা ঘোষণা কৰি কয়, "ৰজা হিচাপে, এতিয়া মোৰ বাবে বিয়া কৰাৰ সময় হৈছে। বহু চিন্তাৰ পিছত মই সিদ্ধান্ত লৈছো যে বিয়াটো এই বছৰৰ পিছত হ'ব।" দম্পতীহালে ২০১১ চনৰ ১৩ অক্টোবৰ তাৰিখে পুনাখা জংত বিয়া হৈছিল। বিবাহ অনুষ্ঠান প্ৰথমে পুনাখাত অনুষ্ঠিত হৈছিল। তাৰ পিছত থিম্ফু আৰু পাৰোত ৰাজহুৱা উদযাপন কৰা হৈছিল। এই অনুষ্ঠানৰ সময়ত ৰজাই তেওঁক ড্ৰোক গ্যাল্টচুৱেইনৰ মুকুট প্ৰদান কৰে আৰু আনুষ্ঠানিকভাৱে ভূটানৰ ৰাণী ঘোষণা কৰে। তেওঁলোকৰ বিবাহ পৰম্পৰাগত শৈলীত "অভিভাৱক দেৱতাসকলৰ আশীৰ্বাদ"ৰে অনুষ্ঠিত হৈছিল। যদিও ভূটানত বহুবিবাহ প্ৰচলিত কিন্তু ৰজাই তেওঁ কেতিয়াও আন এগৰাকী মহিলাক বিয়া নকৰায় বুলি জনাইছে। তেওঁলোকৰ বিয়াৰ বাবে নেডাৰলেণ্ডে ৰাজকীয় যুগ্ম টিউলিপ ফুল পঠাইছিল আৰু তেওঁৰ নামেৰে এজোপাৰ নাম "ভূটানৰ ৰাণী" নাম দিছিল। সন্তান ২০১৫ চনৰ ১১ নৱেম্বৰ তাৰিখে ঘোষণা কৰা হৈছিল যে তেওঁ তেওঁলোকৰ প্ৰথম সন্তান ২০১৬ চনৰ আৰম্ভণিতে হ'ব বুলি আশা কৰি আছে। তেওঁ ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে লিংকানা পেলেচত তেওঁলোকৰ প্ৰথম পুত্ৰৰ জন্ম জন্ম। ৰজা গ্যলচীৰ জন্মৰ বাবে উপস্থিত আছিল। ২০১৬ চনৰ ১৬ এপ্ৰিল তাৰিখে তেওঁৰ নাম জিগমে নামগিয়াল ৱাংচুক বুলি ঘোষণা কৰা হৈছিল। ২০১৯ চনৰ ১৭ ডিচেম্বৰ তেওঁলোকৰ দ্বিতীয় সন্তানৰ জন্ম ২০২০ চনৰ বসন্তত জন্ম হ'ব বুলি গম পোৱা গৈছিল। ২০২০ চনৰ ১৯ মাৰ্চত ৰজা আৰু ৰাণীৰ আনুষ্ঠানিক ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে যে তেওঁ থিম্ফুৰ লিংকানা পেলেচত তেওঁৰ দ্বিতীয় সন্তানৰ জন্ম হৈছে। ২০২০ চনৰ ৩০ জুনত তাৰিখে ৰয়েল পৰিয়ালে ঘোষণা কৰে যে দ্বিতীয় গিয়ালচীৰ নাম জিগমে উগেয়েন ৱাংচুক ৰখা হৈছে। তেওঁক ৰয়েল হাইনেছ গিয়ালচে উগেন ৱাংচুক বুলি কোৱা হ'ব। ৰাজকীয় দায়িত্ব ৰজাৰ সৈতে বিবাহৰ পিছত জেৎচুন পেমা তেওঁৰ সৈতে ভাৰত, চিংগাপুৰ, জাপান আৰু যুক্তৰাজ্য ভ্ৰমণ কৰিছে। জেৎসুন পেমা তেওঁলোকৰ বিয়াৰ আগতে ভূটানৰ বিভিন্ন প্ৰান্তলৈ তেওঁৰ কেইবাটাও ৰাজকীয় সাক্ষাৎত জিগমে খেচাৰৰ সৈতে গৈছিল আৰু ভূটানৰ ৰাণী হিচাপে এনে সকলো সাক্ষাৎত তেওঁৰ সৈতে যায়। দেশৰ মাজেৰে ৰাস্তাত ৰাজকীয় ভ্ৰমণত যিমান সম্ভৱ তেওঁ স্থানীয় লোক, শিক্ষাৰ্থী আৰু ৰাজহুৱা সেৱকসকলৰ সৈতে সাক্ষাৎ আৰু বাৰ্তালাপত জড়িত থাকে। তেওঁ পৰিৱেশগত সমস্যাৰ অধিবক্তা আৰু 'ৰয়েল চচাইটি ফৰ প্ৰটেক্টেশ্বন অফ নেচাৰচ'ৰ পৃষ্ঠপোষক। তেওঁ ইউ.এন.ই.পি. অজ'ন এম্বেছেডৰ। তেওঁ এবিটি ভূটান চচাইটিৰ পৃষ্ঠপোষক হিচাপে বিশেষ প্ৰয়োজনীয়তা থকা শিশুৰ সৈতে কাম কৰা বিভিন্ন সংগঠনৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰে। তেওঁ ভূটান বৃক্ক সংস্থা আৰু ভূটান বৃক্ক ফাউণ্ডেচনৰ পৃষ্ঠপোষক। ২০১৬ চনৰ পৰা তেওঁ ভূটান ৰেডক্ৰছ চচাইটি (বিআৰচিএছ)ৰ অধ্যক্ষ পদত অধিষ্ঠিত আছে। ব্যক্তিগত জীৱন ৰাণীয়ে সুকুমাৰ কলা, চিত্ৰকলা, আৰু বাস্কেটবল ভালপায়। তেওঁ বাস্কেটবল খেলত তেওঁৰ বিদ্যালয় দলৰ অধিনায়কত্ব কৰিছিল আৰু খেলখনৰ প্ৰতি আগ্ৰহ বজাই ৰাখিছে। তেওঁ বিদ্যালয়ত পঢ়ি থকা দিনত তেওঁৰ অন্যান্য স্কুল বেণ্ড আৰু নৃত্য কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। ভূটানৰ ৰাষ্ট্ৰীয় ভাষা জংখাৰ উপৰিও তেওঁ ইংৰাজী আৰু হিন্দী ভাষাত পাৰ্গত। তথ্য উৎস বাহ্যিক সংযোগ ভূটানৰ ব্যক্তি
74022
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%87%E0%A6%A8%E0%A6%BE%20%E0%A6%A6%E0%A6%BE%E0%A6%B9
কইনা দাহ
কইনা দাহ ভাৰতীয় উপমহাদেশত আৰু ইয়াৰ আশে পাশে অৱস্থিত দেশবোৰত প্ৰচলিত ঘৰুৱা হিংসাৰ এক প্ৰকাৰ। যৌতুকৰ বাবে মৃত্যু কইনাৰ অগ্নি সংযোগৰ এক শ্ৰেণী। যৌতুকৰ বাবে মৃত্যুত এগৰাকী যুৱতীক তেওঁৰ স্বামী বা তেওঁৰ পৰিয়ালে তেওঁৰ পৰিয়ালে অতিৰিক্ত যৌতুক পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে হত্যা কৰে। কইনাক সাধাৰণতে কেৰাচিন, গেছ'লিন বা অন্যান্য জ্বলনশীল তৰলৰ সহায়ত অগ্নি সংযোগ কৰা হয়। ইয়াৰ ফলত অগ্নিদগ্ধ হৈ কইনাৰ মৃত্যু হয়। কেৰাচিন প্ৰায়ে ষ্টোভৰ বাবে ঘৰুৱা ৰন্ধন ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। সেয়েহে এই অপৰাধক প্ৰায়ে দুৰ্ঘটনা ৰূপ দিবলৈ চেষ্টা কৰা হয়। এয়া ভাৰতত আটাইতকৈ সচৰাচৰ ঘটনা আৰু কমেও ১৯৯৩ চনৰ পৰা ই এক ডাঙৰ সমস্যা হিচাপে পৰিগণিত হৈছে। এই অপৰাধক অপৰাধমূলক নৰহত্যা হিচাপে গণ্য কৰা হৈছে আৰু যদি প্ৰমাণিত হয় সাধাৰণতে সেই অনুসৰি আজীৱন কাৰাবাস বা মৃত্যুলৈকে শাস্তি বিহা হয়। কইনাৰ অগ্নি সংযোগ ভাৰতত এক গুৰুত্বপূৰ্ণ সমস্যা হিচাপে স্বীকৃতি দিয়া হৈছে। ভাৰতত প্ৰতি বছৰে প্ৰায় ২,৫০০০ গৰাকী মহিলাৰ মৃত্যু ইয়াৰ ফলত সংঘটিত হয়। ১৯৯৫ চনত টাইম আলোচনীয়ে প্ৰকাশ কৰিছিল যে ১৯৮০ৰ দশকৰ আৰম্ভণিতে ভাৰতত যৌতুকৰ বাবে মৃত্যু বছৰত প্ৰায় ৪০০ৰ পৰা ১৯৯০ৰ দশকৰ মাজভাগলৈ বছৰত প্ৰায় ৫,৮০০ লৈ বৃদ্ধি পাইছিল। এবছৰ পিছত চিএনএন-এ এক প্ৰতিবেদনত কৈছিল যে প্ৰতি বছৰে আৰক্ষীয়ে কইনাৰ দাহত ২,৫০০ তকৈও অধিক গোচৰ লাভ কৰে। ভাৰতীয় ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ মতে ২০০৮ চনত যৌতুকৰ বাবে মৃত্যুৰ মুঠ ৩,৮৭৬টা গোচৰত ১,৯৪৮জন দোষী সাব্যস্ত হৈছিল। ইতিহাস যৌতুকৰ বাবে মৃত্যু যৌতুকৰ বাবে মৃত্যু হৈছে দক্ষিণ এছিয়াৰ দেশসমূহত এগৰাকী বিবাহিতা যুৱতীৰ যৌতুকৰ বাবে মৃত্যু। সাধাৰণতে যুৱতী গৰাকীৰ স্বামীয়ে বা স্বামীৰ ঘৰৰ আনে তেওঁক হত্যা কৰে বা আত্মহত্যাৰ বাবে প্ৰেৰিত কৰে। স্বামী আৰু তেওঁৰ পৰিয়ালৰ সদস্যয়ে কইনা বা তেওঁৰ পৰিয়ালৰ পৰা অধিক যৌতুক আহৰণ কৰিবলৈ নিৰন্তৰ চেষ্টা চলাই এনে অপৰাধ সংঘটিত কৰে। কইনা দাহ যৌতুকৰ বাবাৰ মৃত্যুৰ মাত্ৰ এটা প্ৰকাৰ। ইয়াৰ লগত জড়িত অন্যান্য আনুষংগিক বিষয়ৰ ভিতৰত এচিড নিক্ষেপ আৰু মহিলাৰ হাৰাশাস্তি অন্যতম। যিহেতু যৌতুক সাধাৰণতে শ্ৰেণী বা আৰ্থসামাজিক স্থিতিৰ ওপৰত নিৰ্ভৰ কৰে সেয়ে মহিলাসকলক প্ৰায়ে তেওঁলোকৰ ভৱিষ্যত স্বামী বা তেওঁৰ আত্মীয়সকলৰ যৌতুকৰ চাপৰ সন্মুখীন হ'ব লগা হয়। কইনা দাহৰ উৎপত্তি অৱনীতা লাখানীয়ে "দ্য এলিফেণ্ট ইন দা ৰুম ইজ আউট অফ কণ্ট্ৰোল" শীৰ্ষক কইনা দাহৰ প্ৰতিবেদনত দক্ষিণ এছিয়াৰ দেশবোৰত কইনা দাহৰ উৎপত্তি সম্পৰ্কে কমেও চাৰিটা দৃষ্টিভংগী আছে বুলি উল্লেখ কৰিছে। এই তত্ত্ববোৰে সামগ্ৰিকভাৱে যৌতুকৰ উত্থানত অৰিহণা যোগোৱা প্ৰথাবোৰ বৰ্ণনা কৰে আৰু এনেদৰে অৱশেষত কইনা দাহৰ দৰে অপৰাধত অৰিহণা যোগায়। সাংস্কৃতিকভাৱে অধিক প্ৰতিষ্ঠিত তত্ত্ববোৰৰ ভিতৰত উল্লেখযোগ্য প্ৰথমটো হৈছে যে ভাৰতৰ দৰে এক উচ্চ পুৰুষতান্ত্ৰিক সমাজত এগৰাকী মহিলাৰ ভূমিকা তেওঁৰ জন্মৰ আগৰ পৰা সংজ্ঞায়িত কৰা হয়। ভাৰতীয় সমাজ ব্যবস্থায়ে পুৰুষতকৈ নাৰীক কম স্থান দিয়ে। কিয়নো নাৰীক পৰিয়ালৰ এক বোজা আৰু "খুৱাবলৈ অতিৰিক্ত মুখ" হিচাপে গণ্য কৰা দেখা যায়। অৰ্থনৈতিক দায়বদ্ধতা হিচাপে মহিলা গৰাকীৰ স্থিতিয়ে এই ধাৰণাটো কঢ়িয়াই আনে যে শাৰীৰিক সম্পদ বুলি গণ্য কৰা পুৰুষসকলে মহিলাসকলক অধীনস্থ বুলি গণ্য কৰিব পাৰে। এগৰাকী মহিলাই বিয়া কৰাৰ পিছত তেওঁ তেওঁৰ স্বামী আৰু তেওঁৰ ইচ্ছাৰ সৈতে বাধ্য কিয়নো "সমাজে তেওঁৰ স্বামীৰ প্ৰতি আজ্ঞাকাৰী হোৱাটো বাধ্যতামূলক কৰে।" আন এটা তত্ত্বই দাবী কৰিছে যে উপভোক্তাবাদৰ ফলত ভাৰতৰ দৰে দেশৰ নাগৰিক লোভী হৈ পৰিছে। ইয়াৰ বাবে যৌতুকক উচ্চ আৰ্থসামাজিক মৰ্যাদা লাভ কৰাৰ উপায় হিচাপে ব্যৱহাৰ কৰা হয়। সেয়ে সামাজিক জখলাৰ ওপৰলৈ আগবাঢ়ি যাবলৈ কইনাৰ পৰা যৌতুকৰ চাহিদা বৃদ্ধি পায়। লাখনীয়ে লগতে পৰামৰ্শ দিয়ে যে ঐতিহাসিকভাৱে ক'বলৈ গ'লে যৌতুক ব্যৱস্থাটো হয়তো মুছলমানসকলক হিন্দু সংস্কৃতিৰ পৰা পৃথক কৰাৰ উপায় হিচাপে ধাৰণা কৰা হৈছিল, ইয়াৰ ফলত সম্প্ৰদায়ৰ মাজত জাতিগত ভাৱে অধিক বিভাজন সৃষ্টি হৈছিল। বেছি যৌতুকে ইছলামৰ পৰা উচ্চ স্থিতি আৰু পাৰ্থক্য সূচায় এনেদৰে বেছি যৌতুক দাবী কৰাৰ বাবে এক উদগনি প্ৰদান কৰে। আন কিছুমান পণ্ডিতে যুক্তি দিয়ে যে যৌতুক প্ৰথা ব্ৰিটিছ শাসন আৰু প্ৰভাৱৰ পৰা ভাৰতত "বিবাহৰ বিভিন্ন প্ৰকাৰ" হিচাপে জাতিগত পাৰ্থক্য সৃষ্টি কৰিবলৈ প্ৰচলিত হৈ আহিছিল। যেতিয়া উচ্চ বৰ্ণৰ ভিতৰত যৌতুক ব্যৱস্থা প্ৰতিষ্ঠা কৰা হৈছিল, ব্ৰিটিছ চৰকাৰে নিম্ন বৰ্ণত ইয়াক তেওঁলোকৰ অধিক ৰীতি-নীতিপূৰ্ণ বিবাহ নিৰ্মূল কৰাৰ উপায় হিচাপে শক্তিশালী কৰিবলৈ চেষ্টা কৰিছিল। কেৱল উচ্চ বৰ্ণৰ বিবাহ ব্যৱস্থাক স্বীকৃতি দিয়ালৈকে এনে ধৰণৰ মিলনক বদনাম কৰা হৈছিল। দক্ষিণ এছিয়াত কইনা দাহ ২০১১ চনৰ আনুমানিক পৰিসংখ্যা অনুসৰি ভাৰত, পাকিস্তান আৰু বাংলাদেশত প্ৰতি বছৰে কইনা দাহৰ ফলত ৪,০০০ৰ পৰা ২৫,০০০ মহিলাৰ মৃত্যু হয়। ভাৰতত কইনা দাহ ভাৰতত যৌতুকৰ পৰিমাণ একপ্ৰকাৰৰ সম্পদৰ প্ৰতিফলন। ভাৰতীয় লেখক ৰাজেশ তলৱাৰে যৌতুকৰ বাবে মৃত্যুৰ ওপৰত 'দ্য ব্ৰাইড হু উড নট বাৰ্ণ' শীৰ্ষক এখন নাটক লিখিছে। ১৯৬১ চনত ভাৰত চৰকাৰে যৌতুক নিষিদ্ধকৰণ আইন গৃহীত কৰে যাৰ ফলত বিবাহৰ ব্যৱস্থাত যৌতুকৰ দাবী অবৈধ হৈ পৰে। ১৯৮৬ চনত ভাৰতীয় সংসদই যৌতুকৰ বাবে মৃত্যুক এক নতুন ঘৰুৱা হিংসাৰ অপৰাধ হিচাপে যোগ দিছিল। ভাৰতীয় দণ্ডবিধিৰ নতুন ধাৰা ৩০৪-বি অনুসৰি, য'ত এগৰাকী কইনাক "তেওঁৰ বিবাহৰ ৭ বছৰৰ ভিতৰত হত্যা কৰা হয় আৰু তেওঁৰ মৃত্যুৰ আগতে তেওঁক তেওঁৰ স্বামী বা তেওঁৰ স্বামীৰ যিকোনো আত্মীয়ই যৌতুকৰ যিকোনো দাবীৰ সন্দৰ্ভত নিষ্ঠুৰতা বা নিৰ্যাতনৰ সন্মুখীন হৈছিল বুলি প্ৰমাণিত হয় তেন্তে এনে মৃত্যুক 'যৌতুকৰ বাবে মৃত্যু' বুলি কোৱা হ'ব আৰু এনে স্বামী বা আত্মীয়ই মহিলা গৰাকীৰ মৃত্যু ঘটাইছে বুলি গণ্য কৰা হ'ব।" ইয়াৰ বাবে অপৰাধীসকলক নিম্নতম সাত বছৰৰ কাৰাবাসৰ পৰা সৰ্বাধিক আজীৱন কাৰাদণ্ডলৈ শাস্তি বিহা হয়। যৌতুক সম্পৰ্কীয় ঘৰুৱা হিংসা, আত্মহত্যা আৰু হত্যাৰ বহুতো ঘটনা পঞ্জীয়ন কৰা হৈছে। ১৯৯৭ চনৰ এক প্ৰতিবেদনত দাবী কৰা হৈছিল যে যৌতুকৰ মৃত্যুৰ বাবে প্ৰতি বছৰে কমেও ৫০০০ মহিলাৰ মৃত্যু হয় আৰু 'পাকঘৰৰ জুই'ত প্ৰতিদিনে কমেও এক ডজন মহিলাৰ মৃত্যু হয় বুলি অনুমান কৰা হয়। যৌতুকৰ বাবে মৃত্যুৰ অপৰাধৰ অপৰাধীৰ প্ৰায় ৩০ শতাংশৰ ফলত আদালতত দোষী সাব্যস্ত হয়। পাকিস্তানত কইনা দাহ পাকিস্তানত প্ৰগ্ৰেছিভ মহিলা সংস্থাই কয় যে প্ৰতি বছৰে ৩০০ গৰাকী মহিলাক তেওঁলোকৰ স্বামীৰ পৰিয়ালে জ্বলাই হত্যা কৰে আৰু কইনা দাহৰ ঘটনা প্ৰায়ে দুৰ্ঘটনাৰ ছদ্মবেশ দিয়া হয়। এছ'চিয়েশ্যনৰ মতে, চিকিৎসকসকলে কয় যে এই দুৰ্ঘটনাবোৰত পতিত ভুক্তভোগীসকলৰ ষ্টোভৰ পৰা দহনৰ সৈতে অসামঞ্জস্যপূৰ্ণ আঘাত দেখা যায়। ১৯৯৯ চনত এমনেষ্টি ইণ্টাৰনেচনেলৰ এক প্ৰতিবেদন অনুসৰি পাকিস্তানত যদিও ১৬০০টা কইনা দাহৰ ঘটনা পঞ্জীভূক্ত কৰা হৈছিল, মাত্ৰ ৬০ জনৰ বিৰুদ্ধে মোকৰ্দমা তৰা হৈছিল আৰু তাৰ ভিতৰত মাত্ৰ দুটা গোচৰত হে দোষী সাব্যস্ত হৈছিল। পাকিস্তানত শ্বাহনাজ বুখাৰীকে ধৰি মহিলাসকলে এই প্ৰথাৰ বিৰুদ্ধে সুৰক্ষামূলক আইন প্ৰণয়ন, মহিলা আশ্ৰয় গৃহ প্ৰতিষ্ঠা আৰু বিশেষ অগ্নিদগ্ধ ৱাৰ্ড থকা চিকিৎসালয়ৰ বাবে প্ৰচাৰ চলাই আহিছে। এমনেষ্টি ইণ্টাৰনেচনেলে কৈছে যে দেশৰ আভ্যন্তৰৰ পৰা লগতে আন্তৰ্জাতিক মানৱ অধিকাৰ গোটৰ চাপৰ ফলত পাকিস্তান চৰকাৰৰ ভিতৰত সজাগতাৰ স্তৰ বৃদ্ধি পাব পাৰে। বিবিচিয়ে অনুমান কৰিছিল যে ১৯৯৯ চনত প্ৰায় ৩০০ গৰাকী পাকিস্তানী কইনা দাহ কৰি হত্যা কৰা হৈছিল। ১৯৮৮ চনৰ এক সমীক্ষাত দেখুওৱা হৈছিল যে এনেদৰে ৮০০ গৰাকী মহিলাক হত্যা কৰা হৈছিল; ১৯৮৯ চনত এই সংখ্যা ১১০০ লৈ বৃদ্ধি পায় আৰু ১৯৯০ চনত ই ১৮০০টা আনুমানিক হত্যাকাণ্ডৰ পৰিসংখ্যা পায়। লাহোৰৰ বাতৰি কাকতসমূহে ছয় মাহৰ (১৯৯৭) সময়ছোৱাত মাহত গড়ে ১৫টা আক্ৰমণৰ খবৰ প্ৰতিবেদিত কৰিছিল। দক্ষিণ এছিয়াৰ মানৱ উন্নয়নৰ এক অনুমান অনুসৰি প্ৰতি মাহে গড়ে ১৬টা কইনা দাহৰ ঘটনা সংঘটিত হয়। ৱমেন ইনিউজে প্ৰতিবেদন দিছিল যে আঠ বছৰৰ ভিতৰত ইছলামাবাদৰ চাৰিওফালে ৪০০০ মহিলাই এনেদৰে আক্ৰমণৰ বলি হৈছিল আৰু মৃত্যুৰ সময়ত আনুমানিক ৩০ শতাংশ গৰ্ভৱতী হোৱাৰ সৈতে ভুক্তভোগীৰ গড় বয়সৰ পৰিসৰ ১৮ ৰ পৰা ৩৫ বছৰৰ ভিতৰত আছিল। শ্বাহনাজ বুখাৰীয়ে এনে আক্ৰমণৰ বিষয়ে কৈছে: হয় পাকিস্তানত ষ্টোভ আছে যি কেৱল যুৱ গৃহিনীসকলক অগ্নিদগ্ধ কৰে আৰু বিশেষকৈ যৌনাঙ্গৰ প্ৰতি অনুৰাগী বা এই ঘটনাবোৰ যি সঘনতাৰে সংঘটিত হয় তাৰ এক ভয়ংকৰ নিদৰ্শন হৈছে এই মহিলাসকল ইচ্ছাকৃতভাৱে হত্যাৰ ভুক্তভোগী। প্ৰগ্ৰেছিভ মহিলা সন্থাৰ মতে এনে আক্ৰমণ এক বৰ্ধিত সমস্যা আৰু ১৯৯৪ চনত আন্তৰ্জাতিক নাৰী দিৱসত ঘোষণা কৰিছিল যে বিভিন্ন বেচৰকাৰী সংগঠনে বিষয়টোৰ সজাগতা বৃদ্ধিৰ বাবে যোগদান কৰা উচিত। অন্যান্য অঞ্চলত কইনা দাহ মাজে সময়ে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি বিশ্বৰ অন্যান্য প্ৰান্তত বসতি স্থাপন কৰা ভাৰতীয়, পাকিস্তানী আৰু বাংলাদেশী সম্প্ৰদায়ৰ মাজত কইনা দাহ সংঘটিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰত কইনা দাহ আলিয়াম্মা মেথিউ টেক্সাছৰ কেৰলটনৰ এখন চিকিৎসালয়ত এগৰাকী পঞ্জীভুক্ত নাৰ্ছ আছিল। তেওঁ ১৯৯২ চনৰ ৫ এপ্ৰিলত অগ্নিদগ্ধ হোৱাৰ ফলত মৃত্যু বৰণ কৰিছিল। তেওঁ আৰু তেওঁৰ স্বামী মেথিউ ভাৰুগেছে দুদশক আগতে ভাৰতৰ পৰা প্ৰব্ৰজন কৰিছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত তেওঁলোকৰ তিনিজনী কন্যা সন্তান আছিল। দম্পতীহালৰ ১৯৮০ৰ দশকৰ শেষৰ ফালৰ পৰা বৈবাহিক সমস্যা আছিল যাৰ ফলত এক কাজিয়াৰ সৃষ্টি হৈছিল যাৰ ফলত আলেয়াম্মাৰ মৃত্যু হৈছিল। তেওঁৰ সন্তানে গেছ'লিনত নিমজ্জিত আৰু জুই আৱৰি থকা অৱস্থাত তেওঁক উদ্ধাৰ কৰিছিল আৰু কিছুসময় পিছতে তেওঁ মৃত্যুমুখত পৰিছিল। ঘটনাটোৰ পিছত ডালাছ মৰ্ণিং নিউজ আৰু আটলাণ্টা-জাৰ্নেল কনষ্টিটিউচনত সংক্ষিপ্তকৈ প্ৰতিবেদন প্ৰদৰ্শন কৰা হৈছিল। আনহাতে ডালাছ অবজাৰ্ভাৰে আলিয়াম্মাৰ মৃত্যুক সামৰি এটা বিতং ন পৃষ্ঠাৰ প্ৰবন্ধ প্ৰকাশ কৰিছিল। প্ৰবন্ধটোৱে প্ৰাচ্যৰ দেশসমূহক পিছপৰা বা অনুপযুক্ত বুলি চিত্ৰিত কৰাৰ বাবে কিছু সমালোচনাৰ সন্মুখীন হৈছিল: "তেওঁৰ স্বামীৰ দ্বাৰা আঘাতপ্ৰাপ্ত, আলিয়াম্মা মেথিউ তেওঁৰ সংস্কৃতিৰ প্ৰতি সদয় আছিল। অৱশেষত তেওঁ ইয়াৰ ভুক্তভোগী হ'ল।" নিয়ন্ত্ৰণ তৃণমূল পৰ্যায়ৰ সংগঠনবোৰে এই প্ৰথাৰ বিৰুদ্ধে যুঁজিবলৈ ইয়াক অপৰাধ হিচাপে গণ্য কৰাৰ লগতে মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধে কাম কৰা আন্তৰ্জাতিক আইনসমূহক অপৰাধ হিচাপে গণ্য কৰাৰ বাবে বৰ্তমান বিভিন্ন চৰকাৰী পদক্ষেপ আছে। [2] ইয়াৰ লগতে বিশ্বব্যাপী কইনা দাহ বন্ধ কৰিবলৈ বহুতো প্ৰস্তাৱিত পদক্ষেপ আছে। চৰকাৰী প্ৰচেষ্টা ১৯৬১ চনত ভাৰতে যৌতুক নিষিদ্ধকৰণ আইন প্ৰণয়ন কৰে। ১৯৮০ৰ দশকৰ আৰম্ভণিতে ইয়াক সংশোধন কৰা হৈছিল যাতে "কেইবাটাও অন্তৰ্নিহিত দুৰ্বলতা আৰু ত্ৰুটি সংশোধন কৰা হয়।" ইয়াত "যদি স্বামী বা তেওঁৰ আত্মীয়সকলে এগৰাকী মহিলাক "বিবাহৰ সাত বছৰৰ ভিতৰত দাহ বা শাৰীৰিক আঘাত বা অপ্ৰাকৃতিক পৰিস্থিতিত মৃত্যুবৰণ কৰে আৰু য'ত যৌতুকৰ সন্দৰ্ভত তেওঁ নিষ্ঠুৰতা আৰু নিৰ্যাতনৰ সন্মুখীন হোৱাৰ প্ৰমাণ পোৱা যায়। দুৰ্ভাগ্যবশতঃ, এই নিৰ্দিষ্ট আইনে যৌতুকৰ এক বিস্তৃত সংজ্ঞা প্ৰদান নকৰে যি ইয়াক দাবী কৰা আৰু প্ৰদান কৰাৰ পদ্ধতি সলনি কৰিব পাৰে। অৱশেষত ই অপৰাধীসকলক যৌতুকৰ বাবে মৃত্যুৰ আদালতত অধিক নমনীয়তা হে প্ৰদান কৰিছিল। সাত বছৰীয়া ধাৰাটোও সমানে সমস্যাজনক কিয়নো ই স্বামীসকলক সেই সময়খিনি জ্বলি যোৱালৈ কেৱল অপেক্ষা কৰিবলৈ বা অন্যথা তেওঁলোকৰ কইনাৰ মৃত্যুৰ কাৰণ হোৱালৈ কেৱল অপেক্ষা কৰিবলৈ অনুমতি দিছিল। আন এক মুখ্য ভাৰতীয় আইন হৈছে ১৯৮৩ চনৰ "নিষ্ঠুৰতা বিৰোধী আইন"ত পত্নীৰ প্ৰতি নিষ্ঠুৰতা নিষিদ্ধ কৰা হৈছে আৰু স্বামী বা তেওঁৰ পৰিয়ালৰ সদস্যৰ জৰিমনা বা কাৰাবাসৰ বিধান আছে। অৱশ্যে আইনখন সমানে অস্পষ্ট আৰু ত্ৰুটিপূৰ্ণ। যাৰ ফলত কইনা দাহ আৰু যৌতুকৰ বাবে হত্যাৰ প্ৰৱৰ্তনত বাধা আহি পৰে। মানৱ অধিকাৰৰ সৰ্বজনীন ঘোষণাপত্ৰৰ অনুচ্ছেদ ১ত নিম্নলিখিতবোৰ ঘোষণা কৰা হৈছে: "সকলো মানুহ মৰ্যাদা আৰু অধিকাৰত মুক্ত আৰু সমানভাৱে জন্ম গ্ৰহণ কৰে। তেওঁলোক যুক্তি আৰু বিবেকেৰে সমৃদ্ধ আৰু তেওঁলোকে ভাতৃত্ববোধেৰে ইজনে সিজনৰ প্ৰতি কাম কৰা উচিত।" অনুচ্ছেদ ৫ত এইদৰে ঘোষণা কৰা হৈছে: "কাকো অত্যাচাৰ বা নিষ্ঠুৰ, অমানৱীয় বা অপমানজনক আচৰণ বা শাস্তি দিয়া নহ'ব।" বেচৰকাৰী প্ৰচেষ্টা ভাৰতত আইনৰ বিষয়ে সজাগতা নথকাৰ বাবে ভুক্তভোগী সকল নিজৰ অধিকাৰৰ পৰা বঞ্চিত হয়। ইয়াৰ বাবে তৃণমূল সংগঠনবোৰে "কইনা দাহ বন্ধ কৰা"ৰ বাবে আগবাঢ়ি আহিছে। ইয়াৰ এটা উদাহৰণ হৈছে চৰকাৰৰ দ্বাৰা অনুদান প্ৰাপ্ত পাৰিবাৰিক পৰামৰ্শ কেন্দ্ৰকোষ। ইয়াৰ উদ্দেশ্য হৈছে পাৰিবাৰিক সম্পৰ্ক শক্তিশালী কৰা আৰু আইনী হস্তক্ষেপ হ্ৰাস কৰা। অৱশ্যে প্ৰায়ে এনে কোষবোৰে কেৱল "মহিলাৰ তীক্ষ্ণ জিভা" আৰু পুৰুষৰ "আঘাত আৰু প্ৰহাৰ" কৰাৰ শক্তিৰ ধাৰণাক শক্তিশালী কৰে। একে ধৰণৰ পৰিণামৰ সৈতে এনে সমস্যা সমাধানৰ বাবে একে ধৰণৰ আন পৰামৰ্শ-শৈলীৰ বেচৰকাৰী সংগঠন বিকশিত কৰা হৈছে। সম্ভাব্য প্ৰচেষ্টা প্ৰাথমিকভাৱে বৈকল্পিক পদক্ষেপবোৰে বৰ্তমানৰ ত্ৰুটিপূৰ্ণ, বিফল আইনৰ সংস্কাৰৰ সমাধানৰ পৰামৰ্শ দিয়ে। এটা প্ৰস্তাৱত লিংগ বৈষম্য বা লিংগ বিক্ৰিয়াৰ ভুক্তভোগীসকলক আশ্ৰয় প্ৰদান কৰাৰ বাবে আন্তৰ্জাতিক শৰণাৰ্থী আইনৰ অধীনত মহিলাসকলৰ সুৰক্ষা সম্প্ৰসাৰণৰ বাবে আহ্বান জনোৱা হৈছে। এইটো প্ৰাপ্ত কৰাৰ এটা উপায় হ'ব মহিলাসকলক "নিৰ্যাতিত সামাজিক গোট"ৰ সংজ্ঞাত অন্তৰ্ভুক্ত কৰা যি তেওঁলোকৰ লিংগক বিশ্বব্যাপী যৌতুক সম্পৰ্কীয় অত্যাচাৰৰ ভয়ত আন্তৰ্জাতিক আশ্ৰয় বিচাৰিবলৈ অনুমতি দিব। ১৯৮৪ চনৰ এপ্ৰিল মাহত ইউৰোপীয় সংসদে এক প্ৰস্তাৱ উত্থাপন কৰা হৈছিল যাৰ ফলত "আন্তৰ্জাতিক শৰণাৰ্থী আইনৰ সংস্কাৰ কৰি মহিলাসকলক লিংগৰ ভিত্তিত উৎপীড়নৰ পৰা সুৰক্ষিত কৰিব।" অৱশ্যে প্ৰস্তাৱটো নাকচ কৰা হৈছিল। আন এটা সমাধান হ'ল মহিলাসকলৰ সম্পত্তিৰ অধিকাৰ প্ৰতিষ্ঠা কৰি তেওঁলোকৰ বাবে অৰ্থনৈতিক আগ্ৰহ বৃদ্ধি কৰা। বিয়া হ'লেও কইনা গৰাকীয়ে জীয়াই থাকোঁতে স্বামীৰ সম্পত্তিৰ ওপৰত কোনো অধিকাৰ নাই। মহিলাসকলক সম্পত্তিৰ অধিকাৰ দিয়াৰ ফলত মহিলাসকলে অৰ্থনৈতিক বা আইনী উদ্দেশ্যৰ বাবে বিবাহ কৰাৰ প্ৰয়োজন নহ'ব আৰু এনেদৰে যৌতুক প্ৰথাক শেষ হব। তথ্য উৎস বাহ্যিক সংযোগ ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো ভাৰতত যৌতুকৰ বাবে মৃত্যু, বিবিচি অপৰাধ মানৱ অধিকাৰ উলঙ্ঘন নাৰীৰ বিৰুদ্ধে
68869
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%A6%E0%A6%BF%E0%A6%A4%E0%A6%BF%20%E0%A7%B0%E0%A6%BE%E0%A6%93%20%E0%A6%B9%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A6%E0%A7%B0%E0%A7%80
অদিতি ৰাও হায়দৰী
অদিতি ৰাও হায়দৰী জন্ম-২৮ অক্টোবৰ ১৯৭৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু গায়িকা৷ হিন্দী ভাষাৰ ছবিৰ লগতে অদিতিয়ে তামিল, তেলেগু আৰু মালায়ালম ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে৷ ২০০৭ চনত তামিল ভাষাৰ ছবি শৃংগৰামৰ যোগেদি অদিতিয়ে ছবিৰ জগতত খোজ পেলায়৷ পিছে অদিতিৰ বাবে খ্যাতি আৰু সমাদৰ কঢ়িয়াই আনে ২০১১ চনৰ ৰোমাণ্টিক থ্ৰিলাৰধৰ্মী ছবি য়ে ছালী জিন্দেগীয়ে৷ ছবিখনৰ পৰিচালক আছিল সুধীৰ মিশ্ৰ৷ ছবিখনত অভিনয় কৰি অদিতিয়ে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ স্ক্ৰীণ বঁটা পাবলৈ সক্ষম হয়৷ পৰৱৰ্তী সময়ত অদিতিয়ে সাংগীতিক ড্ৰামা ৰকষ্টাৰ (২০১১), হৰৰ-থ্ৰিলাৰ মাৰ্ডাৰ-৩ (২০১৩), একছন-কমেডি বছ (২০১৩) আৰু থ্ৰিলাৰধৰ্মী ছবি ৱাজিৰ (২০১৬)ত অভিনয় কৰে৷ ২০১৭ চনত হায়দৰীয়ে মণি ৰত্নমৰ ছবি কাটৰু ৱেলিয়িডায়ত এটি শীৰ্ষ চৰিত্ৰত অভিনয় কৰে৷ চিকিৎসক লীলা আব্ৰাহমৰ ভূমিকাত তেখেত অৱতীৰ্ণ হয়৷ ছবিখন মুক্তি হোৱাৰ পাছত, অদিতিয়ে দক্ষিণ ভাৰতীয় ছবি উদ্যোগতো নিজৰ প্ৰসাৰতা লাভ কৰে৷ ২০১৮ চনত অদিতিয়ে মহাকাব্যিক ছবি পদ্মাৱতত আলাউদ্দিন খিলিজীৰ পত্নী ৰাণী মেহেৰুন্নিছাৰ চৰিত্ৰটো ৰূপায়ণ কৰে৷ ছবিখন সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী ভাষাৰ ছবিৰ তালিকাভূক্ত হয়৷ প্ৰাৰম্ভিক জীৱন অদিতিৰ জন্ম হৈছিল হায়দৰবাদত৷ পিতৃ আছিল এহছান হায়দৰী আৰু মাতৃ বিদ্যা ৰাও৷ বিদ্যা ৰাও হৈছে এগৰাকী সমাদৃত শাস্ত্ৰীয় কণ্ঠশিল্পী৷ তেখেতে থুমৰী আৰু দাদৰা প্ৰকাৰৰ সংগীতলৈ বৰঙণি আগবঢ়াইছে৷ পিতৃ এগৰাকী ছুলাইমানী মুছলিম আৰু মাতৃ এগৰাকী হিন্দু আছিল৷ ২০১৩ চনত অদিতিৰ পিতৃৰ দেহাৱসান হয়৷ অদিতিৰ দুবছৰ বয়সত তেখেতৰ পিতৃ-মাতৃৰ মাজত বিবাহ-বিচ্ছেদ হয়৷ মাতৃ হায়দৰাবাদলৈ আহে আৰু তাৰপৰাই পাৰিবাৰিক ব্যৱসায় চম্ভালে৷ আনহাতে পিতৃয়ে দ্বিতীয় বিবাহ কৰে৷ হায়দৰীয়ে হায়দৰবাদ আৰু দিল্লীত শৈশৱ অতিবাহিত কৰে৷ ছবছৰ বয়সত অদিতিয়ে ভাৰতনাট্যমৰ প্ৰশিক্ষণ আৰম্ভ কৰে আৰু প্ৰতিষ্ঠিত নৃত্যশিল্পী লীলা ছেমছনৰ শিষ্যা হয়৷ অদিতিয়ে কৃষ্ণমূৰ্তি সংস্থাত শিক্ষাগ্ৰহণ কৰে আৰু পাছলৈ দিল্লী বিশ্ববিদ্যালয়ৰ লেডি শ্ৰীৰাম কলেজৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰে৷ হায়দৰীয়ে পিতৃ আৰু মাতৃ দুয়োৰে উপাধিটো নিজৰ নামৰ লগত সংলগ্ন কৰিছে৷ তেখেতে কয় কৰ্মজীৱন ভাৰতনাট্যমৰ নৃত্যশিল্পী হিচাপে হায়দৰীয়ে নিজৰ কেৰিয়াৰৰ পাতনি মেলে৷ শিক্ষাগুৰু লীলা ছেমছনৰ নৃত্যৰ দল স্পেন্দাৰ লগত অদিতি জড়িত হয় আৰু শিক্ষাৰ্থীসকলক প্ৰশিক্ষিত কৰে৷ তেখেতে ভাৰতৰ বাহিৰলৈও গৈ মঞ্চত নৃত্য প্ৰদৰ্শন কৰে৷ ২০০৪ চনৰ প্ৰাৰম্ভতে, হায়দৰীয়ে তেখেতৰ অভিনয় জীৱনৰ প্ৰথমখন ছবি শৃংগৰামত অভিনয় কৰে৷ ছবিখনত অদিতিয়ে ১৯ শতিকাৰ উপাসনাগৃহৰ এগৰাকী নৃত্যশিল্পী দেৱদাসীৰ ভূমিকাত অৱতীৰ্ণ হয়৷ তামিল ভাষাৰ এই ছবিখনৰ পৰিচালক আছিল শাৰদা ৰামানাথন আৰু প্ৰযোজক আছিল পদ্মিনী ৰৱি৷ ছবিখন ২০০৫ আৰু ২০০৬ চনত বহুকেইটা ছবি মহোৎসৱত প্ৰদৰ্শিত হয়৷ ইয়াৰ পিছত ছবিখনে তিনিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অৰ্জন কৰিবলৈ সক্ষম হয়৷ ছবিগৃহত ছবিখন মুক্তি হয় ২০০৭ চনৰ অক্টোবৰ মাহত৷ অদিতৰ অভিনয়দক্ষতা প্ৰত্যক্ষ কৰি এগৰাকী সমালোচকে মন্তব্য কৰে অৱশ্যে ছবিগৃহত মুক্তি পোৱা আদিতিৰ প্ৰথমখন ছবি হয়গৈ মালায়ালম ভাষাৰ ছবি প্ৰজাপতি (২০০৬)৷ এইখন ছবিত অদিতিয়ে মাম্মুট্টীৰ সৈতে অভিনয় কৰিছিল৷ ২০০৯ চনত অদিতিয়ে ৰাকেশ ওমপ্ৰকাশ মেহৰাৰ ছবি দিল্লী-৬ত অভিনয় কৰে৷ ছবিখনত অভিষেক বচ্চন আৰু ছোনম কাপুৰ-য়েও অভিনয় কৰিছিল৷ এইখন হৈছে অদিতিৰ প্ৰথমখন হিন্দী ছবি৷ ২০০৯-২০১৫ ২০১১ চনত হায়দৰীয়ে সুধীৰ মিশ্ৰৰ ৰোমাণ্টিক ড্ৰামা ছবি য়ে ছালী জিন্দেগীত অভিনয় কৰে৷ ছবিখনত তেখেতৰ বিপৰীতে অভিনয় কৰিছিল অৰুণোদয় সিঙে৷ এগৰাকী প্ৰাক্তন অভিযুক্তৰ পত্নীৰ ভূমিকাত অৱতীৰ্ণ হোৱা অদিতিয়ে ছবিখনত আগবঢ়োৱা অনবদ্য অভিনয়শৈলীৰ বাবে দৰ্শক আৰু সমালোচকৰ পৰা প্ৰশংসা লাভ কৰে৷ অৱশ্যে অৰুণোদয় আৰু অদিতিৰ মাজত চিত্ৰায়িত হোৱা কেতবোৰ উত্তেজক দৃশ্যইও এইক্ষেত্ৰত অৰিহণা যোগাইছিল৷ অদিতিয়ে অভিনয়ৰ বাবে স্ক্ৰীণ বঁটাৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ সন্মান লাভ কৰে৷ ইয়াৰ পিছত ছবিখনৰ জনপ্ৰিয়তা বৃদ্ধি হয়৷ ২০১১ চনত অদিতিক দেখা যায় সাংগীতিক ড্ৰামা ছবি ৰকষ্টাৰত৷ পোনপ্ৰথমে অদিতিক কেন্দ্ৰীয় চৰিত্ৰটোৰ বাবে যোগাযোগ কৰা হৈছিল যদিও ছবিখনৰ পৰিচালক ইমতিয়াজ আলীয়ে নৱাগতা নাৰ্গিছ ফাকৰীকহে শেষমুহূৰ্তত সেই চৰিত্ৰটোলৈ নিৰ্বাচিত কৰে৷ পাছত আলীয়ে অদিতিক সহ-অভিনেত্ৰীৰ বাবে যোগাযোগ কৰে৷অৱশ্যে ছবিখন মুক্তি হোৱাৰ আগে আগে অদিতিৰ বহুকেইটা দৃশ্য মূল ছবিৰ পৰা কাটি দিয়া হয়৷ এনেধৰণৰ কাৰ্য তেখেতৰ পূৰ্বৰ ছবি দিল্লী-৬তো কৰা হৈছিল৷ এগৰাকী সমালোচকে এই অসামঞ্জস্যতা প্ৰত্যক্ষ কৰি মন্তব্য কৰে যে, তেখেতৰ চৰিত্ৰটো- অদিতিয়ে এটা ৰাজহুৱা মন্তব্য প্ৰকাশ কৰে যে-তেখেতে কেন্দ্ৰীয় চৰিত্ৰতহে অভিনয় কৰিব বিচাৰে, সহকাৰী অভিনেত্ৰী হিচাপে নহয়৷ ২০১২ চনত অদিতিয়ে আলী জাফৰৰ বিপৰীতে লণ্ডন, পেৰিছ, নিয় ইয়ৰ্ক নামৰ ছবিখনত শীৰ্ষ চৰিত্ৰত অভিনয় কৰে৷ এইটো আছিল তেখেতৰ প্ৰথমটো কেন্দ্ৰীয় চৰিত্ৰ৷ অনু মেননৰ দ্বাৰা পৰিচালিত হোৱা এই ছবিখনত এহাল ডেকা-গাভৰু বিভিন্ন প্ৰেক্ষাপটত পৃথিৱীৰ তিনিখন ভিন্ন ঠাইত দেখাদেখি হয়৷ ছবিখনত অদিতিয়ে ললিতা নামৰ চৰিত্ৰটো ৰূপায়ন কৰে আৰু সমালোচকৰ পৰা মোটামুটি ইতিবাচক সঁহাৰি লাভ কৰে৷ উদাহৰণস্বৰূপে, ৰ এগৰাকী সমালোচকে কয় যে, দ্য হিন্দু আৰু এনডিটিভিৰ সমালোচকেও অদিতিৰ অভিনয়ক প্ৰশংসা কৰে৷ হলিউডৰ এনিমেশ্যন ছবি 4: ত অদিতিয়ে সেইখিনি সময়তে উই আৰ ফেমিলি নামৰ গীতটোত কণ্ঠদান কৰে৷ ২০১৩ চনত অদিতিক বিশেষ ভাটৰ ছবি মাৰ্ডাৰ-৩ত দেখা যায়৷ ২০১৩ চনতে হায়দৰীয়ে অক্ষয় কুমাৰ অভিনীত এখন একছন কমেডি বছত অভিনয় কৰে৷ ২০১৬-বৰ্তমান ২০১৬ চনত হায়দৰীয়ে অমিতাভ বচ্চন আৰ ফাৰহান আখতাৰৰ লগত ৱাজীৰ ছবিখনত অভিনয় কৰে৷ ছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবে হায়দৰীয়ে ইতিবাচক সঁহাৰি লাভ কৰে৷ ফাৰ্ষ্টপ'ষ্টৰ গায়ত্ৰী গৌৰীয়ে কয় ২০১৭ চনত অদিতিয়ে অভিনয় কৰা প্ৰথমখন ছবি আছিল মণি ৰত্নমৰ নিৰ্দেশনাত তামিল ভাষাৰ .(৷) এ আৰ ৰহমানে সংগীত সজোৱা এই ছবিখনে দৰ্শক আৰু সমালোচকৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰে৷ ২০২১ চনত অদিতিক দ্য গাৰ্ল অন দ্য ট্ৰেইনত দেখা যায়৷ ছবিখনৰ পৰিচালক হৈছে ৰিভু দাসগুপ্তা৷ ছবিখনত পৰিনীতি চোপ্ৰা, কীৰ্তি কুলহাৰী, অভিনাশ তিৱাৰী আদিয়ে অভিনয় কৰে৷ তথ্যসূত্ৰ বাহ্যিক সংযোগ ভাৰতীয় অভিনেত্ৰী ভাৰতীয় নৃত্যশিল্পী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী দাক্ষিণাত্যৰ
76483
https://as.wikipedia.org/wiki/%E0%A6%A4%E0%A6%BE%E0%A6%B9%E0%A6%BE
তাহা
তা-হা হৈছে কোৰআনৰ ২০ তম অধ্যায় (ছূৰা) যাৰ ১৩৫টা আয়াত (আয়াত) আছে। ইয়াক "তাহা" নাম দিয়া হৈছে কিয়নো অধ্যায়টো আৰবী হৰফ আত (বিতৰণ কৰা আখৰ)ৰ সৈতে আৰম্ভ হয়: (তাহা) যাক নবী মুহাম্মাদৰ এটা নাম বুলি বিশ্বাস কৰা হয়। লাক্সেনবাৰ্গৰ দৃষ্টিভংগী হৈছে যে তা-হা আখৰবোৰ আচৰিত বা প্ৰশংসাৰ এক জ্ঞানীয় মধ্যস্থতা হ'ব: "আহা!" বা "ৱাও!" আৰামাইকত। প্ৰকাশৰ সময় আৰু প্ৰাসংগিক পৃষ্ঠভূমিৰ বিষয়ে (আচবাব আল-নুজুল) সম্পৰ্কে, ইয়াক পৰম্পৰাগতভাৱে দ্বিতীয় মক্কান যুগৰ (৬১৫-৬১৯) পৰা মক্কান ছূৰা হ'ব বুলি বিশ্বাস কৰা হয়। যাৰ অৰ্থ হৈছে এইটো মদিনাত পিছলৈ প্ৰকাশ হোৱাৰ সলনি মক্কাত প্ৰকাশ কৰা হৈছিল বুলি বিশ্বাস কৰা হয়। এই অধ্যায়ত ব্যৱহাৰ কৰা বিষয়বোৰৰ ভিতৰত আলাহই মুছাৰ আহ্বান কঢ়িয়ালে(), ইজৰাইলসকলৰ প্ৰস্থান আৰু লোহিত সাগৰ পাৰ হোৱা সোণালী পোৱালিৰ উপাসনা আৰু মানুহৰ পতন অধ্যায়টোৰ মূল বিষয়বস্তু হৈছে আল্লাহৰ অস্তিত্বৰ বিষয়ে। ই মুছা আৰু আদমৰ বিষয়ে কাহিনীৰ জৰিয়তে এই বিষয়বস্তুটো সম্বোধন কৰে। ছূৰা ২০-এ জেন মেকঅলিফৰ "দ্য কেমব্ৰিজ কম্পেনিয়ান টু দা কোৰআন" নামৰ কিতাপখনত এঞ্জেলিকা নিউৱিৰ্থৰ দ্বাৰা বৰ্ণনা কৰা কেইবাটাও বিষয়গত আৰু শৈলীগত আৰ্হি প্ৰদৰ্শন কৰিছে। ইয়াৰ ভিতৰত আছে কোৰআনৰ এস্কাটোলজিকেল ভৱিষ্যতবাণী, আল্লাহৰ অস্তিত্বৰ চিহ্ন আৰু বিতৰ্ক। ইয়াৰ উপৰিও, ছূৰা ২০-এ ইয়াৰ কেন্দ্ৰীয় বিষয়বস্তুশক্তিশালী কৰিবলৈ "আঙুঠিৰ গাঁথনি" বুলি কোৱা হৈছে। এইটো ৱেই অধ্যায় যিয়ে উমাৰক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ সৈমান কৰিছিল। অধ্যায় থকা আটাইতকৈ পুৰণি জীৱিত পাণ্ডুলিপিটো হৈছে এটা কোৰআনীয় পাণ্ডুলিপি ০-২৫ এ.এইচ. তাৰিখৰ বাৰ্মিংহাম কোৰআন পাণ্ডুলিপিত লিখা বুলি চিনাক্ত কৰা মিঙ্গানা সংগ্ৰহত। সাৰাংশ ১-৩ কোৰআন আল্লাহৰ পৰা বিশ্বাসীসকলৰ প্ৰতি এক উপদেশ ৪-৭ আল্লাহ, এজন সাৰ্বভৌম ৰজা, সৰ্বজ্ঞ আৰু আটাইতকৈ উৎকৃষ্ট নামৰ অধিকাৰী মুছাৰ ইতিহাস ৮-১০ তেওঁ জ্বলি থকা জোপোহাটো দেখিলে ১১-১২ আল্লাহে তেওঁৰ সৈতে জুইৰ পৰা কথা পাতিলে ১৩-১৪ আল্লাহে তেওঁক বাছনি আৰু নিৰ্দেশনা দিয়ে ১৫-১৭ বিচাৰৰ এটা দিন নিশ্চিতভাৱে আহিব ১৮-২৪ আল্লাহে তেওঁক চিহ্ন আৰু অলৌকিক তাৎপৰ্য প্ৰদান কৰে ২৫ তেওঁক ফাৰোৰ ওচৰলৈ যাবলৈ আদেশ দিয়া হৈছে ২৬- ৩৫ মুছায়ে হাৰোণৰ সহায়ৰ বাবে প্ৰাৰ্থনা কৰে ৩৬-৪২ আল্লাহে মুছাক পূৰ্বৰ অনুগ্ৰহৰ বিষয়ে মনত পেলাই দিয়ে ৪৩-৫০ তেওঁক হাৰোণৰ সৈতে ফাৰোলৈ পঠোৱা হয় ৫১-৫৭ ফাৰো আৰু মুছাৰ মাজত হোৱা কথোপকথন ৫৮-৫৯ ফাৰোৱে মুছাক প্ৰত্যাখ্যান কৰে আৰু তেওঁক অভঙ্গী বুলি অভিযোগ কৰে ৬০-৬২ ফাৰোৱে মুছা আৰু হাৰোণক প্ৰতি-অলৌকিক কাৰ্য্যৰ সৈতে লগ কৰাৰ প্ৰস্তাৱ দিয়ে ৬৩-৬৪ মুছায়ে যাদুকৰসকলক প্ৰবঞ্চনাৰ বিৰুদ্ধে সতৰ্ক কৰি দিয়ে ৬৫ যাদুকৰসকলে নিজৰ মাজত বিবাদ কৰে ৬৬ তেওঁলোকে মুছাৰ বিৰুদ্ধে ফাৰোক পৰামৰ্শ দিছিল ৬৭ ফাৰোৱে যাদুকৰসকলক তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা কৰিবলৈ উৎসাহিত কৰে ৬৮-৭২ মুছা আৰু যাদুকৰসকলৰ মাজত হোৱা প্ৰতিযোগিতা ৭৩ যাদুকৰসকল ৰূপান্তৰিত হয় ৭৪-৭৫ ফাৰোৱে যাদুকৰসকলক ভয়ংকৰ শাস্তিৰ ভাবুকি দিয়ে ৭৫-৭৮ যাদুকৰসকলে ফাৰোৰ ক্ৰোধক অস্বীকাৰ কৰে আৰু আল্লাহৰ প্ৰতি আশা প্ৰকাশ কৰে ৭৯-৮০ আল্লাহে মুছাক লোহিত সাগৰৰ মাজেৰে ইস্ৰায়েলসকলক নেতৃত্ব দিবলৈ আদেশ দিয়ে ৮১ ফাৰোৱে তেওঁলোকক অনুসৰণ কৰে আৰু সাগৰৰ দ্বাৰা অভিভূত হয় ৮২-৮৩ আল্লাহে মৰুভূমিত থকা মান্না আৰু কোৱেলৰ ওপৰত ইজৰাইলসকলক খাদ্য যোগান ধৰে ৮৩-৮৪ আল্লাহে অবিশ্বাসী আৰু অনুতাপকাৰীৰ সৈতে কৰা আচৰণ ৮৫-৮৭ ইস্ৰায়েলসকলে এটা সোণালী পোৱালিৰ উপাসনা কৰে ৮৮-৮৯ মুছায়ে তেওঁলোকক মূৰ্তিপূজাৰে ধিক্কাৰ দিয়ে ৯০-৯১ তেওঁলোকে আল ওপৰত দোষ আৰোপ কৰে ৯২-৯৩ হাৰোণক অমান্য কৰা লোকসকল ৯৪-৯৫ মুছায়ে হাৰোণক ভৰ্ৎসনা কৰিলে— তেওঁ ক্ষমা বিচাৰিলে ৯৬ তেওঁৰ আচৰণৰ ব্যাখ্যা ৯৭-৯৮ সামাজিক বৰ্জনৰ ধ্বংস ১০২-১০৭ বিচাৰ-দিনত বিচাৰ কৰা লোকসকলৰ পুনৰুত্থান আৰু আচৰণ ১০৮ অনুমতিৰ বাহিৰে সেই দিনা কোনো মধ্যস্থতা নহয় ১০৯-১১১ দুষ্টৰ ভাগ্য আৰু ধাৰ্ম্মিকলোকৰ পুৰস্কাৰ ১১২-১১৩ কোৰআনে মুহাম্মাদৰ বাবে সহজ কৰি তুলিছিল, কিন্তু তেওঁ ইয়াক পুনৰাবৃত্তি কৰাত খৰখেদা কৰিব নালাগে। আদমৰ কাহিনী ১১৪ আদমে আল্লাহক অমান্য কৰে ১১৫ বাহিৰে সকলো স্বৰ্গদূতে আদমক উপাসনা কৰে ১১৬-১১৭ আদমে চয়তানৰ বিৰুদ্ধে সতৰ্ক কৰি দিছিল ১১৮-১১৯ চয়তানে আদম আৰু হৱাক প্ৰবঞ্চনা কৰে ১২০-১২১ আল্লাহে ক্ষমা কৰিলে, কিন্তু তেওঁলোকক পৰমদেশৰ পৰা বহিষ্কাৰ কৰিলে ১২২-১২৪ এটা উপদেশপ্ৰতিশ্ৰুতি দিছিল, ইয়াক প্ৰত্যাখ্যান কৰাৰ জৰিমনা ৰেখাৰ সৈতে ১২৫-১২৭ অবিশ্বাসীসকলে বিচাৰঅন্ধ আৰু অন্ধত্বৰ কাৰণত উপস্থিত হ'ব ১২৮-১২৯ মাক্কানসকলে সতৰ্ক কৰি দিছিল ১৩০-১৩২ মুহাম্মাদক সান্ত্বনা আৰু উৎসাহিত কৰা হয় ১৩৩-১৩৪ ইহুদীসকলে এটা চিহ্ন বিচাৰে আৰু কুৰাইশ্বে অবিশ্বাস কৰে ১৩৫ আল্লাহে মুহাম্মাদক তেওঁলোকৰ মাজত হোৱা বিতৰ্কৰ অন্তিম বিষয়টোলৈ অপেক্ষা কৰিবলৈ প্ৰস্তুতি ঘোষণা কৰিবলৈ নিৰ্দেশ দিয়ে আকাৰ অধ্যায় ২০ ৰ প্ৰথম দুটা শব্দ ছূৰা ২০-এ এটা বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিয়ে, আৰু এনেদৰে গঠন কৰা হয় যাতে এই বিষয়টো বাৰে বাৰে শক্তিশালী হয়। ছূৰা ২০ এটা পৰিচয়ৰ সৈতে আৰম্ভ হয় যিয়ে আল্লাহৰ মাহাত্ম্য ঘোষণা কৰে। ছূৰাৰ শৰীৰত, দুটা পৃথক কাহিনী আছে, এটা মুছাৰ বিষয়ে আৰু এটা আদমৰ বিষয়ে, যাৰ প্ৰতিটো সৰু সৰু ভাগত বিভক্ত। দুয়োটা কাহিনী আল্লাহৰ পৰা মুহাম্মাদলৈ নিৰ্দেশনাৰ দ্বাৰা প্ৰকট কৰা হৈছে, আৰু তাৰ পিছত বিচাৰৰ দিন আৰু অবিশ্বাসীসকলৰ শাস্তিৰ আলোচনা কৰা হৈছে। ছূৰাটো সমাপ্ত কৰিবলৈ, মূল বিষয়টো পুনৰ উল্লেখ আৰু শক্তিশালী কৰাৰ আন এটা শাখা আছে, তাৰ পিছত মুহাম্মাদক এটা চমু নিৰ্দেশনা দিয়া হৈছে। এই পুনৰাবৃত্তিমূলক আৰ্হিটো হৈছে কাৰ্ল ডব্লিউ আৰ্নষ্টে তেওঁৰ কিতাপ "হাউ টু ৰিড দ্য কোৰআন"ত আঙুঠিৰ গাঁথনিবুলি অভিহিত কৰিছে। ছূৰাৰ প্ৰথম অংশটো, আদমৰ কাহিনীলৈকে, আৰু দ্বিতীয় অংশটো হৈছে, বিষয়গত আৰু গাঁথনিগতভাৱে, ইজনে সিজনৰ প্ৰতিলিপি। মুছাৰ বিষয়ে কোৱা কাহিনীটোৱে বিষয়বস্তুটোৰ পৰিচয় দিবলৈ অধিক দীঘলীয়া, অধিক বিতং বৰ্ণনা দিয়ে আৰু আদমৰ চুটি কাহিনীটোৱে ইতিমধ্যে আলোচনা কৰা বিষয়বস্তুৰ সাৰাংশ আৰু পুনৰাবৃত্তি কৰাত সহায় কৰে। পৰিচয় আৰু উপসংহাৰৰ অনুচ্ছেদ, যাৰ ভিতৰত আছে আল্লাহইে মুহাম্মাদক সম্বোধন কৰা আয়াতবোৰ, ছূৰাৰ সৈতে পুথিৰ মূৰ, আৰু কাহিনীবোৰ একেলগে বান্ধি ৰাখে। ১-৮ পৰিচয় এই শাখাটো ছূৰাৰ পৰিচয়। ইয়াৰ আৰম্ভণি আল্লাহই মুহাম্মাদক সম্বোধন কৰাৰ পৰা আৰম্ভ হয়, তাৰ পিছত আল্লহৰ কেইবাটাও বৈশিষ্ট্যতালিকাভুক্ত কৰে আৰু তেওঁক প্ৰশংসা কৰে। এই শাখাত, কোৰআনক আল্লাহৰ অস্তিত্বৰ স্মাৰক হিচাপে উল্লেখ কৰা হৈছে, যিটো সমগ্ৰ কোৰানত দেখা যায়। আল-ৱাহিদিৰ আচবাব আল-নুজুলত উল্লেখ কৰা এই ছূৰাৰ দুটা আয়াতৰ এটা হৈছে আয়াত ২। আল-ৱাহিদীৰ মতে, আল্লাহই এই আয়াতটো মুহাম্মাদলৈ প্ৰেৰণ কৰিছিল কাৰণ কুৰাইশ্বে কৈ আছিল যে মুহাম্মাদ (ছাঃ) তেওঁলোকৰ ধৰ্ম ত্যাগ কৰাৰ বাবে দুখিত হৈছিল, আৰু আল্লাহই মুহাম্মাদক দুখ কৰিবলৈ কেৱল কোৰআন প্ৰেৰণ কৰিছিল। ২-৩ আয়াতসমূহ: "আমি আপোনাক [নবী] দুখ দিয়াৰ বাবে নহয়, কিন্তু যিসকলে আল্লাহক আচৰিত কৰি ৰাখে তেওঁলোকৰ বাবে স্মাৰক হিচাপে..." ৮ আয়াত: "আল্লহ— তেওঁৰ বাহিৰে কোনো আল্লাহ নাই— আটাইতকৈ উৎকৃষ্ট নামবোৰ তেওঁৰ।" ৯–৯৮ মুছাৰ কাহিনী এই শাখাত মুছায়ে ফাৰোৰ সৈতে হোৱা সাক্ষাতৰ কাহিনী আৰু আল্লাহে মুছাৰ লোকসকলক কেনেকৈ পৰীক্ষা কৰিছিল সেই বিষয়ে বৰ্ণনা কৰিছে। মুছাক প্ৰথমতে আল্লাহে ফাৰোৰ ওচৰলৈ যাবলৈ দায়িত্ব দিছিল, যিয়ে ভুল কৰিছিল আৰু তেওঁক সঠিক পথ দেখুৱাবলৈ চেষ্টা কৰিছিল। ২৫-২৮ আয়াতত এইদৰে কোৱা হৈছে: "তেওঁ কৈছিল, মোৰ প্ৰভু, মোৰ হৃদয় মুকলি কৰক আৰু মোৰ বাবে মোৰ কামসহজ কৰি তুলিব। মোৰ জিভাৰ গাঁঠিটো ঢিলা কৰক, যাতে তেওঁলোকে মোৰ কথা বুজি পায়।" মুছায়ে ফাৰোৰ ওপৰত বিজয়ী হয় কিয়নো তেওঁক আল্লাহে সহায় কৰে, কিন্তু তাৰ পিছত ফাৰোৱে তেওঁক ভূমিৰ পৰা খেদি পঠিয়ায়। পলাই যোৱাৰ পিছত মুছায়ে তেওঁৰ লোকসকলক আল্লাহৰ সৈতে আলোচনা কৰিবলৈ এৰি দিয়ে। তেওঁৰ অনুপস্থিতিৰ সময়ত, তেওঁৰ লোকসকলক আল-চামিৰীয়ে বিফল কৰি তুলিছিল, আৰু আল্লাহৰ পৰিৱৰ্তে এটা সোণালী পোৱালিৰ উপাসনা কৰিবলৈ আৰম্ভ কৰিছিল। উভতি অহাৰ পিছত মুছা খং উঠিল। তেওঁ আল-চামিৰীক নিৰ্বাসিত কৰে আৰু তেওঁৰ ভায়েক হাৰোণক এজন প্ৰকৃত আল্লাহৰ বাহিৰে আন যিকোনো উপাসনা কৰিবলৈ অনুমতি দিয়াৰ বাবে শাস্তি দিয়ে। সমীৰীয়ে মুছাৰ শিষ্যসকলক সৰ্বশক্তিমানৰ কাষত থকা এটা নিম্ন পোৱালিৰ উপাসনা কৰিবলৈ প্ৰত্যাখ্যান কৰাৰ দ্বাৰা আল্লাহৰ অনুগ্ৰহ আৰু মুছা আৰু হাৰোণৰ প্ৰচাৰক স্পষ্টৰূপে খণ্ডন কৰিছিল। সেয়েহে, সমীৰীৰ অবাধ্যতা যি ইবলিছ বা চয়তানৰ সৈতে একে, তেওঁক আল্লাহৰ পৰা কঘাতৰ শাস্তি প্ৰদান কৰিছিল। ৫৬ আয়াতত এইদৰে কোৱা হৈছে: "আমি ফাৰোক আমাৰ সকলো চিহ্ন দেখুৱাইছিলোঁ, কিন্তু তেওঁ সেইবোৰ অস্বীকাৰ কৰিছিল আৰু [পৰিৱৰ্তন কৰিবলৈ] অস্বীকাৰ কৰিছিল।" আয়াত ৮৫: কিন্তু আল্লাহে কৈছিল, 'আমি আপোনাৰ অনুপস্থিতিত আপোনাৰ লোকসকলক পৰীক্ষা কৰিছোঁ: সমীৰীয়ে তেওঁলোকক বিপথে পৰিচালিত কৰিছে। ৯৭ আয়াতত এইদৰে কোৱা হৈছিল: "(মুছায়ে) এইদৰে কৈছিল: "আমাক আঁতৰাই নিয়ক! কিন্তু এই জীৱনত আপোনাৰ (শাস্তি) হ'ব যে আপুনি ক'ব, 'মোক স্পৰ্শ নকৰিব'; তদুপৰি (ভৱিষ্যতৰ জৰিমনা বিলাকৰ বাবে) আপুনি এনে এটা প্ৰতিশ্ৰুতি দিছে যি বিফল নহ'ব: এতিয়া তোমাৰ আল্লাহলৈ চাওক, যাৰ ভিতৰত আপুনি এজন নিষ্ঠাৱান উপাসক হ'ব: আমি নিশ্চিতভাৱে ইয়াক জ্বলন্ত জুইত গলি দিম আৰু ইয়াক সাগৰত বিয়পাই দিম!" ৯৯-১১৩ বিচাৰৰ দিন আৰু অবিশ্বাসীসকলৰ শাস্তি এই শাখাটোৱে পুনৰ কোৰআনৰ প্ৰকাশিত প্ৰকৃতিৰ বিষয়ে উল্লেখ কৰে, আৰু বিচাৰ দিৱসৰ বিষয়ে আলোচনা কৰে। ই বিচাৰৰ দিনা সংঘটিত হ'বলগীয়া ঘটনাবোৰৰ চমু বিৱৰণ দিয়ে। অবিশ্বাসীসকলক শাস্তি দিয়া হ'ব, কিন্তু বিশ্বাসীসকলে ভয় কৰাৰ প্ৰয়োজন নাই। বিচাৰদিৱসৰ এই বিৱৰণটো কোৰআনৰ এস্চাটোলজিকেল প্ৰকৃতিৰ এক উদাহৰণ, এঞ্জেলিকা নিউৱিৰ্থে বৰ্ণনা কৰা অনুসৰি। লগতে এই শাখাত, ১১৩ নং আয়াতত, আৰবী ভাষাত কোৰআনৰ এক নিৰ্দিষ্ট প্ৰসংগ আছে। আয়াত 99: আমি আপোনাক আমাৰ পৰা কোৰআন দিছো।" ১১১-১১২ আয়াতসমূহে এইদৰে কৈছিল: "যিসকলে দুষ্ট কাৰ্য্যৰ বোজা তৈয়াৰ কৰিছে তেওঁলোকে নিৰাশ হ'ব, কিন্তু যিসকলে ধাৰ্ম্মিক কাৰ্য্য কৰিছে আৰু বিশ্বাস কৰিছে তেওঁলোকৰ অন্যায় বা বঞ্চনাৰ কোনো ভয় নাই।" ১১৩ আয়াত: "আমি কোৰআনক আৰবী ভাষাত পঠিয়াইছোঁ আৰু ইয়াত সকলো ধৰণৰ সতৰ্কবাণী দিছোঁ, যাতে তেওঁলোকে সাৱধান হ'ব পাৰে বা ই তেওঁলোকক মন দিব পাৰে।" ১১৪-১২৩ আদমৰ কাহিনী এই শাখাটো আল্লাহৰ মহত্ত্বৰ ঘোষণাৰ সৈতে আৰম্ভ হয়, আৰু তাৰ পিছত আল্লাহৰ পৰা মুহাম্মাদলৈ আন এটা সম্বোধন। তাৰ পিছত আল্লাহে আদমৰ কাহিনীৰ বিষয়ে কয়। যেতিয়া আল্লাহে আদমক সৃষ্টি কৰিছিল আৰু স্বৰ্গদূতসকলক তেওঁৰ সন্মুখত নমস্কাৰ কৰিবলৈ কৈছিল, তেতিয়া ইবলিছৰ বাহিৰে সকলোৱে নমস্কাৰ কৰা নাছিল। ইবলিছক (চয়তান) শাস্তি দিয়া হৈছিল আৰু মানুহৰ শত্ৰু কৰা হৈছিল। চয়তানে আদমক প্ৰলোভিত কৰিলে আৰু আদমে আল্লাহৰ পৰা আঁতৰি গ'ল। কিন্তু, আদমে নিজৰ ভুলৰ বাবে অনুতাপ কৰিছিল আৰু আল্লাহৰ ক্ষমা বিচাৰিছিল, যাৰ বাবে আল্লাহে অৱশেষত তেওঁক ক্ষমা কৰিছিল। ১১৪ আয়াত: "আল্লাহ, যি সঁচাকৈয়ে নিয়ন্ত্ৰণত আছে, তেওঁ কওক। [ভৱিষ্যতবক্তা], প্ৰকাশ সম্পূৰ্ণ হোৱাৰ আগতে আবৃত্তি কৰিবলৈ খৰধৰ নকৰিব..." ১১৬ আয়াতত এইদৰে কোৱা হৈছিল: "যেতিয়া আমি স্বৰ্গদূতসকলক কৈছিলোঁ, "আদমৰ আগত নমস্কাৰ কৰক,' তেতিয়া তেওঁলোকে এইদৰে কৈছিল। কিন্তু ইবলিছে অস্বীকাৰ কৰিলে।" আয়াত ১২১-১২২: আদমে তেওঁৰ প্ৰভুক অমান্য কৰিছিল আৰু তেওঁক বিপথে পৰিচালিত কৰিছিল- পিছলৈ তেওঁৰ প্ৰভুয়ে তেওঁক ওচৰলৈ আনিছিল, অনুতাপ স্বীকাৰ কৰিছিল আৰু তেওঁক পথ প্ৰদৰ্শন কৰিছিল।" ১২৩-১২৭ বিচাৰৰ দিন আৰু অবিশ্বাসীসকলৰ শাস্তি এই শাখাত আগতে কোৱা কথাবোৰ পুনৰ উল্লেখ কৰা হৈছে: যিসকলে আল্লাহক অনুসৰণ কৰে তেওঁলোকক পুৰস্কৃত কৰা হ'ব আৰু যিসকলে নকৰে তেওঁলোকক বিচাৰৰ দিনা শাস্তি দিয়া হ'ব। আয়াত ১২৬: আপুনি আমাৰ আৱিষ্কাৰবোৰ আপোনাৰ ওচৰলৈ অহাৰ সময়ত উপেক্ষা কৰিছিল, সেয়েহে আজি আপোনাক উপেক্ষা কৰা হ'ব।" আয়াত ১২৭: আটাইতকৈ ডাঙৰ আৰু স্থায়ী শাস্তি হৈছে ইয়াৰ পিছত।" ১২৮-১৩২ বিশ্বাসীসকলক নিৰ্দেশনা এই শাখাত নিউৱিৰ্থে আলোচনা কৰা আন এটা আৰ্হি আছে, যিহৈছে আল্লাহৰ অস্তিত্বৰ লক্ষণ। ই পুৰণি চহৰসমূহৰ ধ্বংসাৱশেষক আল্লাহৰ অস্তিত্বৰ লক্ষণ হিচাপে উল্লেখ কৰে আৰু সহজে মানুহক ধ্বংস কৰিব পাৰে। তদুপৰি, এই শাখাটোৱে বিশ্বাসীসকলক প্ৰাৰ্থনা কৰিবলৈ নিৰ্দেশ দিয়ে, আৰু আনৰ সম্পত্তিৰ বাবে আকাংক্ষা নকৰিবলৈ নিৰ্দেশ দিয়ে। আয়াত ১৩১ হৈছে ছূৰাৰ দ্বিতীয় আয়াত যাক আসবাব আল-নুজুলত উল্লেখ কৰা হৈছে। ৱাহিদীয়ে কয় যে এইটো প্ৰেৰণ কৰা হৈছিল কাৰণ মুহাম্মাদে এসময়ত অতিথিৰ মনোৰঞ্জনৰ বাবে খাদ্য বিচাৰিছিল, কিন্তু ইয়াক বহন কৰিব নোৱাৰিলে। খাদ্য বিক্ৰী কৰা ইহুদী ব্যক্তিজনে নিৰাপত্তা অবিহনে ইয়াক বিক্ৰী কৰিবলৈ অস্বীকাৰ কৰিছিল, আৰু মুহাম্মাদ ইয়াৰ ওপৰত খং উঠিছিল। ইয়াত পুৰণি কালৰ ধ্বংসাৱশেষৰ বিষয়ে উল্লেখ কৰা হৈছে, তেওঁৰ ভৱিষ্যতবক্তাক সন্তুষ্ট কৰিবলৈ আল্লাহে এই আয়াতটো প্ৰেৰণ কৰিছিল। ১৩১ আয়াত: "আৰু আমি তেওঁলোকৰ কিছুমানক উপভোগ কৰিবলৈ দিয়া বিষয়বোৰ, বৰ্তমান জীৱনৰ সুন্দৰতালৈ আকাংক্ষাৰে নচাওঁ: আমি ইয়াৰ দ্বাৰা সেইবোৰ পৰীক্ষা কৰোঁ, কিন্তু আপোনাৰ প্ৰভুৰ ব্যৱস্থা অধিক ভাল আৰু স্থায়ী।" ১৩২ আয়াত: "আপোনাৰ লোকসকলক প্ৰাৰ্থনা কৰিবলৈ আৰু নিজকে দৃঢ়তাৰে প্ৰাৰ্থনা কৰিবলৈ আদেশ দিয়ক।" ১৩৩-১৩৫ উপসংহাৰ উপসংহাৰটোত নিউৱিৰ্থে আলোচনা কৰা আন এটা উপাদান অন্তৰ্ভুক্ত আছে: বিতৰ্ক। শেষত, অবিশ্বাসী আৰু মুহাম্মাদৰ মাজত এক বিতৰ্ক আছে। অবিশ্বাসীসকলে আচৰিত হয় যে আল্লাহে তেওঁলোকক কিয় চিহ্ন নিদিয়ে আৰু অন্তিম আয়াতত আল্লাহে মুহাম্মাদক তেওঁলোকক কি উত্তৰ দিব লাগে নিৰ্দেশ দিয়ে। ১৩৫ আয়াত: "[ভৱিষ্যতবক্তা], এইদৰে কওক, 'আমি সকলোৱে অপেক্ষা কৰি আছোঁ, গতিকে আপুনি অপেক্ষা কৰি থাকিব: আপুনি শিকিব পাৰিব কোনে সমান পথ অনুসৰণ কৰিছে আৰু সঠিকভাৱে নিৰ্দেশনা দিছে।'" প্ৰসংগসমূহ বাহ্যিক সংযোগসমূহ 20:53, 50+ 20 ছূৰা মক্কান ছূৰা আল-কোৰআনৰ ছূৰাসমূহ কোৰআন ইছলাম
68642
https://as.wikipedia.org/wiki/%E0%A6%9B%E0%A6%BE%E0%A7%B0%E0%A7%8B%E0%A6%97%E0%A7%87%E0%A6%9B%E0%A6%BF
ছাৰোগেছি
ছাৰোগেছি বা মাতৃ প্ৰতিনিধিত্ব হৈছে এক আইনী চুক্তিৰ দ্বাৰা সমৰ্থিত ব্যৱস্থা যাৰ দ্বাৰা এগৰাকী মহিলাই (ছাৰোগেট মাতৃ) নিজৰ গৰ্ভত আন এটা দম্পতীৰ হৈ এটা সন্তান বহন আৰু প্ৰসৱ কৰিব পাৰে। দুই প্ৰকাৰৰ ছাৰোগেছি আছে: আংশিক (জেনেটিক), আৰু সম্পূৰ্ণ (গৰ্ভধাৰণ)। আংশিক ছাৰোগেছিত চাৰোগেট মাতৃৰ বংশানু শিশুটোৰ গাত থাকে, কিয়নো গৰ্ভধাৰণ সাধাৰণতে পিতৃৰ শুক্ৰাণু আৰু ছাৰোগেট মাতৃৰ ডিম্বাণু সংযোগ কৰি কৃত্ৰিমভাৱে গৰ্ভধাৰণ ঘটোৱা হয়। সম্পূৰ্ণ ছাৰোগেছিত, শিশুটোৰ মূল অভিভাৱক এহাল পৃথক দম্পতী আৰু আইভিএফ প্ৰজনন কৌশলৰ জৰিয়তে ছাৰোগেট মাতৃৰ গৰ্ভত কৃত্ৰিমভাৱে দম্পতীহালৰ শুক্ৰাণু আৰু ডিম্বাণুৰ সংযোগ ঘটোৱা হয়। সাধাৰণতে, ১০ টাৰ মাজত ১টা দম্পতী বন্ধ্যাত্বত ভোগিব পাৰে। অৱশ্যে, বন্ধ্যাত্বৰ হাৰ দেশসমূহৰ মাজত পৃথক হয়, ৫% ৰ পৰা ৩০%, তেওঁলোকৰ বেছিভাগেই উন্নয়নশীল দেশসমূহত বাস কৰে। কিছুমানে ডিম্বস্ফোটন অন্তৰ্ভুক্তিৰ দৰে চিকিৎসা কৰে, আনহাতে আন কিছুমানে আইভিএফৰ দৰে সহায়ক প্ৰজনন কৌশল ব্যৱহাৰ কৰে। আন বহুতে এই সকলোবোৰ চেষ্টা কৰা স্বত্বেও নিসন্তান হৈ থাকে। এই গোটটোৰ দুটা বিকল্প বাকী থাকে: হয় শিশু গ্ৰহণ কৰা (শিশু তুলি লোৱা) বা ছাৰোগেছিৰ সহায় লোৱা। শিশু গ্ৰহণ কৰাটো কঠিন আৰু ইয়াৰ আইনমতে বহুতো নিয়ম আছে। কিছুমান অনুৰ্বৰ দম্পতীয়ে তেওঁলোকৰ সন্তানৰ সৈতে 'জেনেটিক লিংক'বা বংশানু সংযোগ ৰাখিবলৈ পছন্দ কৰে। সেয়েহে ছাৰোগেছিৰ দ্বাৰা এই সমস্যাবোৰৰ কিছুমান সমাধান কৰিব পাৰি। ইতিহাস আন এগৰাকী মহিলাৰ দ্বাৰা সন্তান বহন কৰোৱা, প্ৰাচীন কালৰ পৰাই চলি আহিছে। এনেক্ষেত্ৰত সাধাৰণতে পুৰুষৰ বংশানু শিশুৰ দেহত থকাটো বশেষভাৱে পৰিলক্ষিত হৈছিল। বাবিলনৰ নিয়ম আৰু ৰীতি-প্ৰথাই এই অনুশীলনক অনুমতি দিছিল, আৰু জন্ম দিবলৈ অক্ষম মহিলাই বিবাহ বিচ্ছেদ পৰিহাৰ কৰিবলৈ এই অনুশীলনটো ব্যৱহাৰ কৰিছিল। ছাৰোগেছিৰ প্ৰথম উল্লেখ হিব্ৰু বাইবেল দা বুক অফ জেনেছিছত চাৰাহ আৰু এব্ৰাহামৰ কাহিনীত পোৱা যায়। চাৰাহ আৰু এব্ৰাহাম বিবাহিত আছিল কিন্তু গৰ্ভধাৰণ কৰিব পৰা নাছিল। সেয়েহে চাৰাহয়ে তেওঁৰ দাসী হেগাৰক এব্ৰাহামৰ সন্তানৰ মাতৃ বলৈ অনুৰোধ কৰিছিল। এইটো পৰম্পৰাগত ছাৰোগেছিৰ সাধাৰণ উদাহৰণ। যদিও চাৰাহৰ সৈতে শিশুটিৰ জৈৱিক সম্পৰ্ক নাছিল, তথাপিও চাৰাহ আৰু এব্ৰাহাম দুয়োজনে শিশুটোক নিজৰ বুলি দাবী কৰিছিল। পৰম্পৰাগতভাৱে ছাৰোগেছি আছিল একমাত্ৰ উপায় য'ত অভিভাৱকসকলে সন্তান লাভ কৰিব পাৰিছিল। বিছ শতিকালৈকে বন্ধ্যাত্ব আৰু পৰম্পৰাগত ছাৰোগেছি এটা নিষিদ্ধ বিষয় হৈ আছিল কিয়নো তেনে শিশুক "অবৈধ" শিশু বুলি ভবা হৈছিল। বিশ্বজুৰি চিকিৎসা বিজ্ঞান, সামাজিক ৰীতি-নীতি আৰু আইনী প্ৰক্ৰিয়াৰ বিকাশে আধুনিক যুগত ছাৰোগেছি সম্ভৱ কৰি তুলিছে: ১৯৩৬ আমেৰিকা যুক্তৰাষ্ট্ৰত শ্কেৰিং-কলবউম আৰু পাৰ্কে-ডেভিছে নামৰ দুটা ঔষধ কোম্পানীয়ে ইষ্ট্ৰোজেনৰ উৎপাদন আৰম্ভ কৰে। ১৯৪৪ হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ অধ্যাপক জন ৰকে জৰায়ুৰ বাহিৰত মানুহৰ ডিম্বক নিষিক্ত কৰা প্ৰথম ব্যক্তি আছিল। ১৯৫৩ গৱেষকসকলে সফলতাৰে শুক্ৰাণুৰ প্ৰথম ক্ৰায়োসংৰক্ষণ কৰিছিল। ১৯৭৬ মাচিগানৰ অধিবক্তা নোয়েল কিনে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথম ছাৰোগেছি চুক্তি লিখিছিল। ১৯৭৮ প্ৰথম "টেষ্ট-টিউব কেঁচুৱা" ল'ৰিছ ব্ৰাউনৰ জন্ম ইংলেণ্ডত হৈছিল, যি প্ৰথম সফল আইভিএফ প্ৰক্ৰিয়াৰ ফলাফল। ১৯৮৫-১৯৮৬ এগৰাকী মহিলাই প্ৰথম সফলতাৰে গৰ্ভধাৰণ কৰি ছাৰোগেট মাতৃ হৈছিল। ১৯৮৬ মেলিছা ষ্ট্ৰন, অন্যথা "বেবী এম" বুলি জনাজাত শিশুটি আমেৰিকাত জন্ম হৈছিল। শিশুটিৰ ছাৰোগেট মাতৃ মেৰী বেথ হোৱাইথহেডে মেলিছাৰ জিম্মা এৰিবলৈ অস্বীকাৰ কৰিছিল যাৰ সৈতে তেওঁ ছাৰোগেছি চুক্তি কৰিছিল। নিউ জাৰ্চীৰ আদালতে দেখিছিল যে হোৱাইথহেড শিশুটোৰ আইনী মাতৃ, সেয়েহে চাৰোগেট মাতৃত্বৰ বাবে চুক্তি অবৈধ আৰু অবৈধ বুলি ঘোষণা কৰিছিল। অৱশ্যে, আদালতে ছাৰোগেট মাতৃ হোৱাটহেডৰ সলনি শিশুটোৰ জৈৱিক পিতৃ, ৱিলিয়ম ষ্ট্ৰন আৰু তেওঁৰ পত্নী এলিজাবেথ ষ্ট্ৰনক মেলিসাৰ জিম্মা প্ৰদান কৰাটো শিশুৰ সৰ্বশ্ৰেষ্ঠ স্বাৰ্থত বুলি ঘোষনা কৰিলে। ১৯৯০ কেলিফৰ্ণিয়াত, ছাৰোগেট মাতৃ এন্না জনচনে কেঁচুৱাটোক অভিযন্ত্ৰণকৰা পিতৃ-মাতৃ মাৰ্ক আৰু ক্ৰিচি্পনা কালভাৰ্টক এৰি দিবলৈ অস্বীকাৰ কৰিছিল। দম্পতীহালে কেঁচুৱাৰ জিম্মাৰ বাবে গোচৰ দিছিল (কাৰ্ভট ভি জনচন), আৰু আদালতে তেওঁলোকৰ পিতৃ-মাতৃৰ অধিকাৰ বৰ্তাই ৰাখিছিল। মানসিক দিশ নৃতত্ত্বৰ অধ্যয়নে দেখুৱাইছে যে গৰ্ভধাৰণকালত ছাৰোগেট মাতৃেয়ে বিভিন্ন কৌশলত লিপ্ত হয় যাতে সেইবোৰে কেঁচুৱাটোৰ সৈতে নিজকে আৱেগিক আৰু মানসিক আসক্তি গঢ়ি নুতুলিবলৈ সহায় কৰে। ইয়াৰ বিপৰিতে বহুতো ছাৰোগেট মাতৃয়ে আকৌ ইচ্ছাকৃতভাৱে নিজৰ আৰু ছাৰোগেট শিশুৰ মাজত আৱেগিক সংলগ্নৰ বিকাশ বৃদ্ধি কৰিবলৈ চেষ্টা কৰে। কিছুমান চাৰোগেট মাতৃয়ে এই অভিজ্ঞতাৰ দ্বাৰা নিজকে শক্তিশালী অনুভৱ হোৱা বুলি বৰ্ণনা কৰে। যদিও সাধাৰণতে ছাৰোগেট মাতৃয়ে এই অভিজ্ঞতাৰ সৈতে সন্তুষ্ট হোৱাৰ প্ৰতিবেদন দিয়ে, কিছু ক্ষেত্ৰত তেনে নহয়। কিছুমানে অপূৰণ আশা, হীন প্ৰত্যাশা, আৰু অসন্তুষ্টিত ভোগে। কিছুমান মহিলাই দম্পতীৰ সৈতে এক নিৰ্দিষ্ট স্তৰৰ ঘনিষ্ঠতা অনুভৱ নকৰা আৰু আন কিছুমানে দম্পতীৰ পৰা সন্মান অনুভৱ নকৰা বুলি মত প্ৰকাশ কৰে। কিছুমান গৰ্ভধাৰণকালীন ছাৰোগেট মাতৃেয়ে ছাৰোগেচী প্ৰক্ৰিয়াৰ সময়ত আৱেগিক সংকটত ভোগে। গৰ্ভধাৰণকালীন ছাৰোগেট মাতৃয়ে সন্তানক তেওঁলোকৰ অভিভাৱকসকলক এৰি দিয়াৰ হতাশাত ষ্ট পাৰটাম ডিপ্ৰেচনত ভুগাৰো সম্ভাৱনা থাকে। ০-২০% হাৰত ছাৰোগেট মাতৃয়ে ষ্ট পাৰটাম ডিপ্ৰেচনত ভোগা দেখা পোৱা যায়। কিছুমান ছাৰোগেটে জন্মৰ ঠিক পিছতে শিশুক অধিকাৰ এৰি দিয়াত নেতিবাচক অনুভূতিৰ প্ৰতিবেদন দিয়ে, কিন্তু বেছিভাগ নেতিবাচক অনুভূতি কিছু সময়ৰ পিছত সমাধান আঁতৰি যায়। ছাৰোগেছিৰ ফলত পৰিয়ালৰ ওপৰত হোৱা মানসিক প্ৰভাৱৰ পৰীক্ষা কৰা ৫৫টা অধ্যয়নৰ এক প্ৰণালীবদ্ধ সমীক্ষাত দেখা গৈছিল যে এই কৌশলৰ পৰা জন্ম হোৱা শিশু আৰু প্ৰাকৃতিকভাৱে গৰ্ভধাৰণ কৰা শিশুৰ ১০ বছৰ বয়সলৈকে কোনো ডাঙৰ মানসিক পাৰ্থক্য নাথাকে। আন দম্পতীৰদৰে ছাৰোগেছি ব্যৱহাৰ কৰি পিতৃ হোৱা সমকামী পুৰুষসকলেও তেওঁলোকৰ সন্তান আৰু ছাৰোগেছি দুয়োটা সম্পৰ্কতে একে ধৰণৰ অভিজ্ঞতা প্ৰকাশ কৰে। তথ্য সংগ্ৰহ মানৱ
4827
https://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE
ৱিকিপিডিয়া
ৱিকিপিডিয়া হৈছে অব্যৱসায়িক ৱিকিমিডিয়া ফাউণ্ডেছন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ। বিশ্বৰ প্ৰায় ৪.১ নিযুত স্বেচ্ছাসেৱকে সহযোগিতাৰে ইংৰাজী ৱিকিপিডিয়া প্ৰায় ৪.৩ মিলিয়ন প্ৰবন্ধ লিখি উলিয়াইছে। যিকোনো মানুহে প্ৰায় সকলো প্ৰবন্ধই সম্পাদনা কৰিব পাৰে আৰু ইয়াৰ প্ৰায় ১ লাখ সক্ৰিয় ব্যৱহাৰকাৰী আছে। পৃথিৱীৰ কিছুমান ঠাইত ৱিকিপিডিয়া নিষেধ কৰা হৈছে। জানুৱাৰী ২০১৩ লৈকে ২৮৫টা ভাষাত ৱিকিপিডিয়াৰ সংস্কৰণ আছে। বিশ্বজুৰি ৩৬৫ নিযুত পঢ়ুৱৈৰে আৰু এলেক্সাত সকলো ৱেবছাইটৰ ভিতৰত ষষ্ঠ স্থানেৰে ই বিশ্বৰ সৰ্ববৃহৎ আৰু ইণ্টাৰনেটৰ সৰ্বাধিক জনপ্ৰিয় সাধাৰণ প্ৰসংগ কৰ্ম। ইতিহাস ২০০১ চনত জিম্মী ৱেলছ আৰু লেৰী ছেংগাৰে ৱিকিপিডিয়া মুকলি কৰে। ছেংগাৰে (সহযোগিতামূলক ৱেবছাইট সৃষ্টি কৰিব পৰা এটা প্ৰযুক্তি, হাৱাইয়ান শব্দ ৰ পৰা যাৰ অৰ্থ হৈছে "ক্ষিপ্ৰ") আৰু শব্দ দুটা মিলাই শব্দটোৰ উদ্ভাৱন কৰে। ৱিকিপিডিয়া বিশেষজ্ঞৰদ্বাৰা লিখা নহয় আৰু ইয়াত থকা বহুতো অবিদ্যায়তনিক বস্তুৰবাবে ই লক্ষণীয় হৈ উঠিছে। টাইম আলোচনীয়ে 'আপোনাক' '২০০৬ চনৰ ব্যক্তি' হিচাপে নিৰ্বাচন কৰিছিল। এই নিৰ্বাচনৰ ভিত্তি আছিল 'ৱেব-২'-ৰ ভিত্তিত নিযুত ব্যক্তিৰ সংযোগী অৱদানেৰে গঠিত কেবাটও ৱেবছাইটৰ সাফল্য। 'ৱিকিপিডিয়া'কে ধৰি এই 'ৱেব-২'ৰ ভিত্তিত গঢ়ি উঠা ইউটিউব, মাইস্পেছ, ফেইচবুক ইত্যাদি ৱেবছাইট প্ৰায় একে ধাৰণাৰে গঠিত। বিশ্বকোষ সুলভ তথ্যভাণ্ডাৰ হোৱাৰ উপৰিও ৱিকিপিডিয়া এতিয়া খবৰৰ বাবেও জনপ্ৰিয়, যিকোনো খবৰ খুব সোনকালেই ৱিকিপিডিয়াত আপডে'ট কৰা হয়। ছাত্ৰসকলক কোনো বিষয়ৰ ওপৰত প্ৰকল্প হিচাপেও প্ৰবন্ধ লিখিবলৈ দিয়া হৈছে। ৱিকিপিডিয়াত নিয়মাৱলীয়ে সদায়ে তথ্যৰ নিৰ্ভৰযোগ্যতা আৰু নিৰপেক্ষতাৰ ওপৰত গুৰুত্ব দি আহিছে যদিও, ঠিক এইকেইটা বিষয়ৰ বাবেই ৱিকিপিডিয়া প্ৰায়েই সমালোচনাৰ সম্মুখীন হৈ আহিছে। আকৌ ৱিকিপিডিয়াত জনপ্ৰিয় বিষয়ৰ প্ৰবন্ধৰ সৰহতা আৰু বিশেষজ্ঞ মতামততকৈও কেবাজনৰো সংগঠিত মতামতক বেছি গুৰুত্ব দিয়া নীতিৰ বাবেও ইয়াক সমালোচনা কৰা হৈছে।ৱিকিপিডিয়াৰ নিৰ্ভৰযোগ্যতাৰ ওপৰত প্ৰশ্ন উঠিছে। আকৌ তথ্য-বিকৃতি আৰু তাৰ জৰিয়তে কোনো ধাৰণা বা ব্যক্তি-বিশেষৰ প্ৰতি বিদ্বেষমূলক প্ৰচাৰকাৰ্য্যৰ বাবেই ৱিকিপিডিয়া সমালোচনাৰ সম্মুখীন হৈছে। অৱশ্যে গৱেষণালব্ধ ফলাফলে দেখুৱায় যে এনে তথ্য-বিকৃতি সাধাৰণতে বেছি দিন থাকিবলৈ নাপায়। ২০০৫ চনত 'নেচাৰ' পত্ৰিকাত প্ৰকাশিত এটা সমীক্ষাৰ মতে ৱিকিপিডিয়াৰ বিজ্ঞানৰ প্ৰবন্ধবোৰৰ শুদ্ধতা এনচাইক্ল'পেডিয়া ব্ৰিটানিকা-ৰ ওচৰচপা আৰু 'ডাঙৰ ভুল'ৰ সংখ্যাও প্ৰায় সমানেই। সম্পাদনা পৰম্পৰাগত বিশ্বকোষসমূহৰ বিপৰীতে ৱিকিপিডিয়া সম্পাদনাৰ বাবে সকলোৰে কাৰণে প্ৰায় মুকলি। ইয়াৰ অৰ্থ হ'ল যে স্পৰ্শকাতৰ আৰু/বা ধ্বংসাত্মক কাৰ্যৰ সম্ভাৱনা থকা কিছুমান পৃষ্ঠা সুৰক্ষিত কৰা হয়। আন বেছিভাগ পৃষ্ঠাই পঢ়ুৱৈয়ে কোনো অনুমতি অবিহনে, নাম প্ৰকাশ নকৰাকৈ বা পঞ্জীয়ন নকৰাকৈ সম্পাদনা কৰিব পাৰে। বেলেগ বেলেগ ভাষাৰ ৱিকিপিডিয়াই এই নীতিটোৰ অলপ সালসলনি কৰে, যেনে- ইংৰাজী ৱিকিপিডিয়াত কেৱল পঞ্জীয়ন কৰা ব্যৱহাৰকাৰীয়েহে নতুন প্ৰবন্ধ সৃষ্টি কৰিব পাৰে। কোনো প্ৰবন্ধতে ইয়াৰ সৃষ্টিকৰ্তা বা আন সম্পাদকৰ মালিকীস্বত্ব নাথাকে। সম্পাদকসকলে প্ৰবন্ধৰ সমল বা গঠন সম্পৰ্কে ঐকমত্য প্ৰতিষ্ঠা কৰিব লাগে। ডিফল্ট নিয়ম অনুসৰি প্ৰবন্ধত কৰা সম্পাদনা কোনো পৰ্যালোচনা নোহোৱাকৈ সাঁচি ৰাখিব পাৰি। তেনে হোৱা বাবে আন সম্পাদকে শুধৰণি নকৰালৈকে প্ৰবন্ধ এটাত অশুদ্ধ তথ্য, পক্ষপাতিত্ব, বা অৰ্থহীন কথা থাকিব পাৰে। বেলেগ বেলেগ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা বেলেগ বেলেগ ৱিকিপিডিয়াই এই নীতিৰ সালসলনি কৰিব পাৰে। যেনে- জাৰ্মান ৱিকিপিডিয়াই কেইবাবাৰো পৰ্যালোচনা হৈ যোৱা প্ৰবন্ধবোৰৰ এটা স্থায়ী ৰূপ সংৰক্ষণ কৰি ৰাখে। তেনেদৰে ইংৰাজী ৱিকিপিডিয়াত ডিচেম্বৰ ২০১২ত প্ৰক্ৰিয়া ৰূপায়ণ কৰা হৈছে এই প্ৰক্ৰিয়া অনুসৰি নতুন ব্যৱহাৰকাৰীয়ে কিছুমান বিতৰ্কিত বিষয়ৰ বা ধ্বংসাত্মক কাৰ্যৰ সম্ভাৱনা থকা প্ৰবন্ধ সম্পাদনা কৰিলে সেয়া কোনো "প্ৰতিষ্ঠিত ৱিকিপিডিয়া সম্পাদকে পৰীক্ষা কৰাৰ পিছতহে প্ৰকাশ হ'ব। পঞ্জীয়ন কৰা বা নকৰা অৱদানকৰীয়ে ৱিকিপিডিয়া পৰিচালনা কৰা ছফ্টৱেৰটোৰ সুবিধা গ্ৰহণ কৰিব পাৰে। প্ৰত্যেক প্ৰবন্ধৰে "ইতিহাস" পৃষ্ঠাখনত প্ৰবন্ধটোৰ সকলো পূৰ্ব সংশোধন লিপিবদ্ধ হৈ থাকে। কিন্তু অৰ্থহীন সমল থকা, ভাবুকিপূৰ্ণ বা কপিৰাইট উলঙ্ঘন থকা সংশোধন আঁতৰাই দিয়া হ'ব পাৰে। সম্পাদকে এই পৃষ্ঠাখন ভুল সম্পাদনা আঁতৰাবলৈ বা হেৰাই যোৱা সমল ঘূৰাই আনিবলৈ ব্যৱহাৰ কৰিব পাৰে। প্ৰতিটো প্ৰবন্ধতে থকা "আলোচনা" পৃষ্ঠাই সম্পাদকসকলক সমন্বয় ৰক্ষাত সহায় কৰে। তদুপৰি সম্পাদকসকলে ঐকমত্য প্ৰতিষ্ঠাৰ বাবে "আলোচনা" পৃষ্ঠা ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ লগতে সম্পাদকে ৱেবছাইটটোৰ "শেহতীয়া সালসলনিসমূহ" চাব পাৰে। নিয়মিত অৱদানকাৰীসকলে প্ৰায়েই তেওঁলোকে গুৰুত্ব দিয়া প্ৰবন্ধবোৰৰ এখন "লক্ষ্য-তালিকা" ৰাখে যাতে সেইবোৰত হোৱা সালসলনি সহজে পৰীক্ষা কৰিব পাৰি। বহু বেছি প্ৰবন্ধ থকা ৱিকিপিডিয়াত ই লাভজনক কাৰণ সম্পাদকৰ বাবে "শেহতীয়া সালসলনি"ত থকা বৃহৎ পৰিমাণৰ সম্পাদনাৰ সংখ্যাত চকু ৰখা কষ্টকৰ। নতুন পৃষ্ঠা পৰীক্ষণ নামৰ প্ৰক্ৰিয়াটোৰ জৰিয়তে নতুনকৈ সৃষ্টি কৰা প্ৰবন্ধসমূহ ভুল-ত্ৰুটিৰ বাবে পৰীক্ষা কৰা হয়। প্ৰায়েই ধ্বংসাত্মক কাৰ্যৰ সন্মুখীন হোৱা প্ৰবন্ধ অৰ্ধ-সুৰক্ষিত কৰা হয় যাতে কেৱল প্ৰতিষ্ঠিত ব্যৱহাৰকাৰীয়েহে সেয়া সম্পাদনা কৰিব পাৰে। বেছি বিতৰ্কিত প্ৰবন্ধ বা গুৰুত্বপূৰ্ণ পৃষ্ঠা কেৱল প্ৰশাসকেহে সম্পাদনা কৰিব পৰাকৈ বন্ধ কৰিও ৰাখিব পাৰি। সাধাৰণ বৰ্ণাশুদ্ধি বা আংগিক সমস্যা দূৰ কৰিবলৈ, বা পৰিসাংখ্যিক তথ্যৰপৰা এটা নিৰ্দিষ্ট গতৰ প্ৰবন্ধ আৰম্ভ কৰিবলৈ বট নামৰ কম্পিউটাৰ প্ৰ'গ্ৰেম বহুলভাৱে ব্যৱহাৰ কৰা হয়। "নিবিচৰা" ধৰণৰ সম্পাদনাৰ পৰা বিৰত থাকিবলৈ ব্যৱহাৰকাৰীক সতৰ্কবাণী দিয়া, কোনো ৱেবছাইটলৈ লিংক সৃষ্টিত বাধা দিয়া, আৰু কোনো একাউণ্ট বা আই পি ঠিকনাৰ পৰা সম্পাদনা ৰোধ কৰিবলৈকো কিছুমান বট ডিজাইন কৰা হৈছে। বট সক্ৰিয় কৰাৰ পূৰ্বে প্ৰশাসনৰ অনুমতি দৰকাৰী। তথ্যসূত্ৰ বাহ্যিক সংযোগ 2002 10 ৱিকিমিডিয়া প্ৰকল্পসমূহ ৱেবছাইট ৱিকি
52671
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A7%81%E0%A7%B1%E0%A6%A8%20%E0%A6%AE%E0%A7%8B%E0%A6%B9%E0%A6%A8%20%E0%A6%A6%E0%A6%BE%E0%A6%B8
ভুৱন মোহন দাস
ড৹ ভুবন মোহন দাস (১৯৩১−) এজন আন্তজাৰ্তিক নৃতত্ত্ববিদ,নৃতত্ত্ব বিষয়ক পাঠ্যপুথিৰ লেখক,বিজ্ঞান সাহিত্যৰ লেখক,প্ৰবন্ধকাৰ,সংকলক আৰু অধ্যাপক। তেখেত উত্তৰ-পূৱ ভাৰতৰ এগৰাকী আন্তজাৰ্তিক খ্যাতিসম্পন্ন নৃতত্ত্ববিদ। তেখেতে ১৯৫৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে আৰু পৰৱৰ্তী ১৯৭৩ চনৰপৰা ১৯৭৬ চনলৈকে বিভাগৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰি অৱসৰ গ্ৰহণ কৰে৷ জন্ম ১৯৩৩ চনৰ ৪ তাৰিখে গুৱাহাটীত৷ পিতৃৰ নাম হৰমোহন দাস আৰু মাতৃৰ নাম জগদ্ধাত্ৰী দাস৷ বংশ পৰিচয় দেশ-বিদেশৰ নৃতত্ত্ববিদসকলৰ মাজত স্থান পাবলৈ সক্ষম হোৱা ড৹ ভুবন মোহন দাসৰ পিতৃ হৰমোহন দাস এগৰাকী ভাল শিক্ষক আছিল। তেখেতে হাইস্কুলীয়া কিতাপ সংগ্ৰহ আৰু প্ৰণয়ন কৰিছিল। ভুৱন মোহন দাসৰ তিনিজন ককাই-ভাই আৰু দুগৰাকী ভগ্নী আছিল৷ তেখেতসকল ক্ৰমে- ৰাজমোহন, ৰায়মোহন আৰু বিৰাজমোহন৷ ভগ্নীৰ দুগৰাকীৰ নাম- বাসন্তী আৰু নমিতা৷ তেখেতৰ পত্নীৰ নাম মঞ্জুমালা ৰাজখোৱা৷ তেখেত নিজৰা-কবি শৈলধৰ ৰাজখোৱাৰ জীয়েক আছিল৷ শিক্ষা আৰু চাকৰি জীৱন ড৹ ভুবন মোহন দাসে ১৯৪৭ চনত কটন কলেজত অধ্যনৰত অৱস্থাত কলেজৰ নৃতত্ব বিভাগে আকৰ্ষণ কৰে। পৰবৰ্তী সময়ত ১৯৫১ চনত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি কলিকতা বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীত নৃতত্ত্ব অধ্যনৰ এখন বহল ক্ষেত্ৰত ভৰি থ'লে। ১৯৫৩ চনত এম.এছ.চিত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈ কটন কলেজৰ নৃতত্ত্ববিদৰ প্ৰবক্তা হিচাপে যোগদান কৰিলে। ১৯৫৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধ্যাপক ড এছ. এছ .সৰকাৰৰ নিৰ্দেশত আৱয়বিক নৃতত্ত্ববিদ্যাৰ গৱেষণা কৰি শীৰ্ষক গৱেষণা গ্ৰন্থ লিখি পি .এইচ. ডি. ডিগ্ৰী লাভ কৰে। ১৯৫৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ত্ববিদ্যা বিভাগত প্ৰবক্তাৰূপত যোগদান কৰি পৰৱৰ্তী সময়ত অধ্যাপক পদলৈ উন্নীত হয়। ১৯৯৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰি ১৯৭৩-৭৬ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মূৰব্বী অধ্যাপক আৰু ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সাহিত্যৰাজি গৱেষণা গ্ৰন্থ: (1959) শিশু-চেমনীয়া বিষয়ক গ্ৰন্থ: আদিম যুগৰ আদি কথা, অসম শিশু সাহিত্য ন্যাস, ১৯৬০ মানৱৰ আদি কথা, পাব্লিকেচন বোৰ্ড, অসম, ১৯৬০ আমাৰ দৰে সিহঁতো মানৱ, অসম শিশু সাহিত্য ন্যাস, ১৯৬৩ মানুহৰ পৰিচয়, অসম সাহিত্য সভা, ১৯৯৬ ৰাভা জনগোষ্ঠী বিষয়ক গ্ৰন্থ: বিজ্ঞান সাহিত্য বিষয়ক গ্ৰন্থ: বিৱৰ্তনৰ পথত মানৱ, অসম প্ৰকাশন পৰিষদ, ১৯৬৭ মানুহ, অসম বিজ্ঞান সমিতি, ১৯৬৮ অসমৰ মানুহঃ প্ৰজাতি আৰু সংস্কৃতি-এটি দৃষ্টিপাত(১৯৮৬) বিবিধ মানৱ, অসম একাডেমী ফৰ কালচাৰেল ৰিলেচলচ্, ১৯৬৮ নৃত্ত্বৰ চমু আভাষ,অসম সাহিত্য সভা, ১৯৭৭ অসমীয়া সংস্কৃতিঃ নৃতাত্ত্বিক বিচাৰ(২০০০) অসমীয়া মানুহৰ নৃবৈজ্ঞানিক পৰিচয়, অসম বিজ্ঞান সমিতি, ২০০৩ জীৱনী সাহিত্য দেউতাৰ কথা,মহাপুৰুষ কোম্পানী, ১৯৬৭ নিজৰা কবি শৈলধৰ ৰাজখোৱা, অসম সাহিত্য সভা, ১৯৯০ গল্প পুথি: আঠজনী মিছেছ, লয়াৰ্ছ বুক ষ্টল, ১৯৭৩ স্তব্ধ সময়, সাহিত্যৰত্ন প্ৰকাশন, ১৯৯৮ আহিনৰ মেঘ, সাহিত্যৰত্ন প্ৰকাশন, ২০০১ আত্মজীৱনীমূলক গ্ৰন্থ মোৰ পৃথিৱীৰ চিনাকি মানুহ, সাহিত্যৰত্ন প্ৰকাশন, ১৯৯৮ সংস্কৃতি বিষয়ক অসমী আইৰ উক্তি, লয়াৰ্ছ বুক ষ্টল, ১৯৯৩ অসমীয়া সংস্কৃতিঃ সংৰক্ষণ আৰু অন্যান্য, বাণী প্ৰকাশ, ২০০০ সময়ৰ সোঁতত অসমীয়া সংস্কৃতি, লয়াৰ্ছ বুক ষ্টল, ২০০৫ নৃতত্ত্ববিষয়ক পাঠ্যপুথি: খাচীসকলৰ আৱয়বিক চৰিত্ৰৰ সমলেৰে জাৰ্মানিত প্ৰচলিত আধুনিক পদ্ধতিৰে বিশ্লেষণ কৰি ডি.এছ.চি.ডিগ্ৰীৰ বাবে কলিকতা বিশ্ববিদ্যালয়ত জমা দিয়ে আৰু সেই থেছিছ গুৱাহাটীৰ 'দত্তবৰুৱা এণ্ড কোম্পানী'য়ে শীৰ্ষক গ্ৰন্থত প্ৰকাশ কৰে। ৰাঁচী বিশ্ববিদ্যালয়ত নৃতত্ত্ববিদ বিভাগত অনুবিৱৰ্তন সম্পৰ্কে এলানি বক্তৃতা একত্ৰিত কৰি দিল্লীৰ কনছেণ্ট নামেৰে গ্ৰন্থ প্ৰকাশ। বঁটা আৰু সন্মান ১৯৮২ঃ অসম সাহিত্য সভাৰ ডিফু অধিৱেশনৰ বুৰঞ্জী অধিৱেশন শাখাৰ সভাপতি৷ ১৯৮৫ঃ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ উপ-সভাপতি আৰু অসম বিজ্ঞান সমিতিৰ সভাপতি ১৯৯৬ঃ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ‘এমেৰিটাছ ফেল’ লাভ, অসম পাঠ্যপুথি প্ৰণয়ণ আৰু প্ৰকাশন নিগমৰ অধ্যক্ষ অসম পিছপৰা শ্ৰেণী আয়োগৰ সদস্য৷ ২০০০-২০০৩ঃ ৰ সভাপতি, ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ২০০৪ঃ কলিকতাৰ এছিয়াটিক ছচাইটিৰ আন্নাদেল মেমোৰিয়েল স্বৰ্ণপদক বঁটা মৃত্যু ২০০৮ চনৰ ২২ তাৰিখে গুৱাহাটীত তেখেতৰ মৃত্যু হয়৷ তথ্য সংগ্ৰহ অসমৰ
71332
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A7%B1%E0%A6%A4%E0%A7%80%20%E0%A6%A5%E0%A6%BF%E0%A7%B0%E0%A7%81%E0%A6%AD%E0%A6%A5%E0%A7%81
পাৰ্ৱতী থিৰুভথু
পাৰ্ৱতী থিৰুভথু কট্টুৱাত্থা জন্ম: ৭ এপ্ৰিল ১৯৮৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেত মালায়ালম ছবি জগতৰ পৰিচিত মুখ। ইয়াৰ উপৰি তেখেতে তামিল আৰু কন্নড় ভাষাৰ ছবিতো অভিনয় কৰিছে। কেৰালাৰ কলিকটত জন্মগ্ৰহণ কৰা পাৰ্ৱতীয়ে ২০০৬ চনত 'আউট অৱ ছিলেবাছ' নামৰ মালায়ালম ভাষাৰ ছবিখনৰ জৰিয়তে চলচ্চিত্ৰ জগতত খোজ পেলায়। পাৰ্ৱতীয়ে 'ন'টবুক' (২০০৬), 'মিলানা' (২০০৭), 'পু' (২০০৮), 'চিটি অৱ গোল্ড' (২০১১), 'মাৰয়ান' (২০১৩), 'বাংগালোৰ ডেইছ' (২০১৪), 'উত্তম ভিলেইন' (২০১৫), 'এন্নু নিণ্টে ময়ডিন' (২০১৫), 'চাৰ্লি' (২০১৫), 'টেক অফ' (২০১৭), 'কুড়ে' (২০১৮), উয়াৰে' (২০১৯) আৰু 'ভায়ৰাছ' (২০১৯) আদি ছবিত অভিনয় কৰ দৰ্শকৰ মাজত জনাজাত হৈছে। ২০১৭ চনত তেখেতে ইৰফান খানৰ বিপৰীতে 'কৰিব কৰিব ছিংগল' নামৰ হিন্দী ছবিখনত অভিনয় কৰি বলিউডত অভিষেক কৰে। পাৰ্ৱতীয়ে অভিনয়ৰ বাবে একাধিক বঁটা-সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তাৰে ভিতৰত কেৰালা ৰাজ্যিক ছবি বঁটা, ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় ছবি বঁটা, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত 'বিশেষ উল্লেখ' বঁটা উল্লেখনীয়। ২০১৬ চনত তেখেতে 'এন্নু নিণ্টে ময়ডান'ৰ 'কাঞ্চনমালা' নামৰ চৰিত্ৰটোৰ বাবে মালায়ালম ভাষাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। 'পু' নামৰ ছবিখনৰ বাবে ২০০৮ চনত তেখেতে লাভ কৰে তামিল ভাষাৰ ফিল্মফেয়াৰ বঁটা। ২০১৭ চনত মুক্তি লাভ কৰা 'টেক অফ' নামৰ ছবিখনৰ বাবে পাৰ্ৱতীয় দ্বিতীয়টো ফিল্মফেয়াৰ বঁটা পাবলৈ সক্ষম হয়। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ১৯৮৮ চনত ৭ এপ্ৰিলত পাৰ্ৱতীৰ জন্ম হয়। জন্মস্থান আছিল কেৰালাৰ কলিকট। পাৰ্ৱতীৰ পিতৃ পি. বিনোদ কুমাৰ আৰু মাতৃ টি.কে. ঊষা কুমাৰী। উভয়েই অধিবক্তা। পাৰ্ৱতীৰ একমাত্ৰ ভ্ৰাতৃৰ নাম হৈছে অঔম থিৰুভত্থু (কৰুণাকৰণ)। স্কুলীয়া দিনতেই পাৰ্ৱতীৰ পৰিয়ালটো থিৰুৱনন্তপুৰমলৈ স্থানান্তিৰত হয় আৰু ইয়াতেই পাৰ্ৱতীয়ে পৰৱৰ্তী শিক্ষা গ্ৰহণ কৰে। পংগুড়েত থকা কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা পঢ়াশলীয়া শিক্ষা শেষ কৰি পাৰ্ৱতীয়ে থিৰুৱনন্তপুৰমৰ অল ছেইণ্টছ কলেজৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী দখল কৰে। 'কিৰণ টিভি'ত তেখেতে সফল টেলিভিছন সূত্ৰধাৰ হিচাপে কাম কৰে। এইটো আছিল থিৰুৱনন্তপুৰমত থকা এটা পূৰ্ণাংগ পৰ্যায়ৰ মিউজিক চেনেল। তেখেত এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত ভাৰতনাট্যমৰ নৃত্যশিল্পী। কৰ্মজীৱন ২০০৬ চনত মুক্তি লাভ কৰা মালায়ালম ভাষাৰ ছবি 'আউট অৱ ছিলেবাছ'ৰ জৰিয়তে পাৰ্ৱতীয়ে অভিনয়ৰ জগতত পদাৰ্পণ কৰে। ছবিখনত এগৰাকী কলেজীয়া শিক্ষাৰ্থী হিচাপে তেখেতে সহ-অভিনেত্ৰীৰ দায়িত্ব পালন কৰে। তেখেতৰ দ্বিতীয়খন ছবি আছিল 'ন'টবুক' (২০০৬)। ছবিখনে কিশোৰী কালৰ অন্তঃসত্ত্বাৰ ঘটনাক কাহিনীৰ বিষয় হিচাপে নিৰ্বাচিত কৰিছিল। পাৰ্ৱতীয়ে শীৰ্ষ চৰিত্ৰত অভিনয় কৰা প্ৰথমখন কন্নড় ভাষাৰ ছবি আছিল 'মিলানা'। ছবিখনে মুক্তিৰ লগে লগেই বাণিজ্যিক সফলতা লাভ কৰে। ২০১৬ চনত পাৰ্ৱতীক 'এন্নু নিণ্টে ময়ডিন' নামৰ ছবিখনত কাঞ্চনমালা চৰিত্ৰটোৰ ৰূপায়ণত দেখা যায়। ছবিখন আছিল সত্তৰৰ দশকৰ মুক্কামত কাঞ্চনমালা আৰু ময়ডিনৰ মাজত সৃষ্টি হোৱা প্ৰণয়জনিত সম্পৰ্কটো। ছবিখনে সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে আৰু মালায়ালম ছবিৰ এখন শ্ৰেষ্ঠ ৰোমাণ্টিক ছবি হিচাপে পৰিগণিত হয়। পাৰ্ৱতীৰ অভিনয়শৈলীক সমালোচক আৰু দৰ্শকসকলে প্ৰশংসা কৰে। অইন একাধিক বঁটা-বাহনৰ লগতে এইখন ছবিৰ জৰিয়তেই পাৰ্ৱতীয়ে মালায়ালাম ফিল্মফেয়াৰ বঁটাত প্ৰথমটো শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। ২০১৫ চনতে মুক্তি লাভ কৰা পাৰ্ৱতীৰ অইন এখন ছবি আছিল 'চাৰ্লি'। ডালকিয়ৰ ছলমান, অপৰ্ণা গোপীনাথ আৰু নেড়ুমুদি ভেনুৰ লগত অভিনয় কৰা এই ছবিখনে আঠটা শিতানত কেৰালা ৰাজ্যিক বঁটা লাভ কৰিবলৈ সক্ষম হয়। পাৰ্ৱতীয়ে 'চাৰ্লি' আৰু 'এন্নু নিণ্টে ময়ডিন'ৰ বাবে 'শ্ৰেষ্ঠ অভিনেত্ৰী'ৰ মুকুট পিন্ধে। ২০১৭ চনত পাৰ্ৱতীয়ে অভিনয় কৰা দুখন ছবিয়ে মুক্তিৰ মুখ দেখে। প্ৰথমখন ছবিৰ নাম হৈছে-'টেক অফ'। মহেশ নাৰায়ণে পৰিচালনা কৰা এই ছবিখনত কুঞ্চাকু বোবান আৰু ফাহাদ ফাছিলেও অভিনয় কৰিছিল। ছবিখনক কমল হাছানকে ধৰি একাধিক চেলেব্ৰিটিয়ে প্ৰশংসা কৰে। ভাৰতৰ আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱ, কেৰালা আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ হয়। ছবিগৃহত চিনেমাখন ১২৫ দিনতকৈও অধিক চলে। ছবিখনৰ আগবঢ়োৱা অভিনয়ৰ বাবে পাৰ্ৱতীয়ে 'শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা' লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰি 'ছিলভাৰ পিকক' বঁটা লাভ কৰা তেখেত প্ৰথমগৰাকী ভাৰতীয় অভিনেত্ৰী হৈ পৰে। ছবিখনৰ বাবে তেখেত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটালৈও মনোনয়ন লাভ কৰিছিল যদিও অন্তিম ৰাউণ্ডত শ্ৰীদেৱীৰ সমুখত পৰাভূত হয়। কিন্তু 'বিশেষ উল্লেখ' শিতানত পাৰ্ৱতীয়ে কেৰিয়াৰৰ প্ৰথমটো ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ লগতে তেখেতে লাভ কৰে কেৰালা ৰাজ্যিক চলচ্চিত্ৰৰ পৰা দ্বিতীয়টো শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা, আৰু ফিল্মফেয়াৰৰ পৰা লাভ কৰে মালায়ালম ভাষাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা। ২০১৭ চনতেই পাৰ্ৱতীয়ে ইৰফান খানৰ লগত 'কৰিব কৰিব ছিংগল' নামৰ ছবিখনত অভিনয় কৰি বলিউডতো খোজ পেলায়। ২০১৯ চনত পাৰ্ৱতীয়ে অভিনয় কৰা দুখন ছবিয়ে মুক্তি লাভ কৰে। প্ৰথমখন ছবি অভিষেককাৰী মানু অশোকানৰ 'উয়াৰে'। এইখন ছবিত পাৰ্ৱতীয়ে পল্লৱী ৰবিন্দ্ৰন নামৰ এচিদ-আক্ৰান্ত যুৱতীৰ চৰিত্ৰ ৰূপায়ণ কৰে। ছবিখনে দৰ্শকৰ লগতে সমালোচকৰ পৰাও প্ৰশংসা লাভ কৰে। ইয়াৰ পিছত তেখেতে অভিনয় কৰে 'ভায়ৰাছ' (২০১৯) নামৰ ছবিখনত। ছবিখনৰ পৰিচালক আছিল আশিক আবু আৰু প্ৰযোজক আছিল ৰীমা কলিংগাল। ২০১৮ চনত কেৰালাত সংঘটিত 'নিপা' নামৰ ভাইৰাছৰ আতংক আৰু ত্ৰাসৰ দিশটোক সামৰি ছবিখন নিৰ্মাণ কৰা হৈছে। ছবিখনে দৰ্শক আৰু সমালোচকক আকৃষ্ট কৰে। অন্যান্য কৰ্ম আৰু মিডিয়া মাৰ্য়ান নামৰ ছবিখনত অভিনেতা ধনুষৰ বিপৰীতে অভিনয় কৰা পাৰ্ৱতীক সোধা হৈছিল যে কেৱল ধনুষ থকাৰ বাবেই তেখেতে ছবিখনত চুক্তিবদ্ধ হৈছে নেকি। ইয়াৰ উত্তৰত পাৰ্ৱতীয়ে কৈছিল যে এইখন ছবিৰ আগলৈকে তেখেতে ধনুষক চিনিয়েই নাপাইছিল। এই মন্তব্যটোৱে মিডিয়াৰ মাজত কিছু আলোড়ন তুলিছিল। 'স্ত্ৰীৰ প্ৰতি বিদ্বেষমূলক সংলাপ থকা চলচ্চিত্ৰসমূহক উৎসাহিত কৰিব নালাগে' বুলি কোৱা প্ৰথম পৰ্যায়ৰ অভিনেত্ৰীৰ ভিতৰত পাৰ্ৱতীও আছিল অন্যতম। ২০১৬ চনত মুক্তিলাভ কৰা মাম্মুটিৰ দ্বাৰা অভিনীত 'কাছাবা' নামৰ ছবিখনত তেনেধৰণৰ বিতৰ্কিত সংলাপ আছিল। পাৰ্ৱতীয়ে মাম্মুটিক অনুৰোধ কৰিছিল যে, অলেখ অনুৰাগী থকা এজন ব্যক্তি হিচাপে মাম্মুটিয়ে তেনেধৰণৰ স্ত্ৰীৰ প্ৰতি বিদ্বেষমূলক সংলাপ থকা ছবিত অভিনয় কৰিবলৈ এৰিব লাগে। যাতে সমাজখনৰ সংশোধন হয়। এই মন্তব্য কৰাৰ পাছত মাম্মুটিৰ অনুৰাগীসকলে পাৰ্ৱতীক অনলাইনত ট্ৰল কৰে। তেখেতৰ পৰা এটা অভিযোগ লাভ কৰি কেৰালা আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰে। পাৰ্ৱতীয়ে উদ্যোগত থকা 'ইছলামোফ'বিয়া'ৰ সত্যতাৰ বিষয়ে মন্তব্য কৰিছে। পাৰ্ৱতী হৈছে 'ৱমেন ইন চিনেমা কালেকটিভ'ৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য। এইটো সন্থাই মালায়ালম ছবি উদ্যোগত কৰ্মৰত মহিলা কৰ্মচাৰীৰ কল্যাণৰ হকে কাম কৰে। ২০১৯ চনত পাৰ্ৱতীয়ে অৰ্জুন ৰেড্ডী আৰু কবিৰ সিঙৰ দৰে ছবিক সমালোচনা কৰি স্ত্ৰী-বিদ্বেষক মহিমান্বিত কৰা বুলি কয়। এই মন্তব্য তেখেতে কৰে ফিল্ম কম্পেনিয়নৰ দ্বাৰা আয়োজিত এখন ঘূৰণীয়া আলোচনা চক্ৰত। এই পদক্ষেপটোৰ বাবে পাৰ্ৱতীক প্ৰশংসা কৰা হয় আৰু কোৱা হয় যে, ছবিখনৰ অভিনেতা বিজয় দেৱকোন্দ্ৰাৰ সমুখতে ছবিখনৰ বিষয়ক লৈ আপত্তি কৰাৰ বাবে পাৰ্ৱতীৰ সাহস স্বীকৃতিযোগ্য। পাছত এটা সাক্ষাৎকাৰত দেৱকোন্দ্ৰাই ছছিয়েল মিডিয়াৰ ট্ৰলাৰসকলক উক্ত মন্তব্যক বিপথে পৰিচালিত কৰাৰ বাবে সমালোচনা কৰে। তেখেতে পাৰ্ৱতী আৰু পাৰ্ৱতীৰ কৰ্মৰাজিক যথেষ্ট সন্মানৰ চকুৰে চায় বুলি প্ৰকাশ কৰে। বঁটা-বাহন তথ্যসূত্ৰ বাহ্যিক সংযোগ ভাৰতৰ ব্যক্তি জীৱিত ব্যক্তি ভাৰতীয় অভিনেত্ৰী দাক্ষিণাত্যৰ অভিনেত্ৰী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- জুৰীৰ বিশেষ উল্লেখ ফিল্মফেয়াৰ বঁটা
37872
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%95%20%E0%A6%85%27%E0%A6%AC%E0%A6%BE%E0%A6%AE%E0%A6%BE
বাৰাক অ'বামা
বাৰাক হুছেইন অ'বামা জন্ম: ৪ আগষ্ট, ১৯৬১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি। ২০০৯ চনৰ ২০ জানুৱাৰীত তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথমজন আফ্ৰিকীয় মূলৰ লোক হিচাপে পৰিগণিত হয়। বাল্যকাল আৰু শিক্ষা বাৰাক অ'বামাৰ জন্ম হয় ১৯৬১ চনৰ ৮ আগষ্টত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৱাইত। তেখেতৰ পিতৃ বাৰাক অ'বামা (জ্যেষ্ঠ) কেনিয়াৰ পৰা অহা এজন কৃষ্ণাংগ আমেৰিকান, আনহাতে মাতৃ এন ডানহাম কেনচাচৰ এগৰাকী শ্বেতাংগ আমেৰিকান। জ্যেষ্ঠ বাৰাক অ'বামাৰ জন্ম হৈছিল, কেনিয়াৰ নিয়ানজা প্ৰদেশত। চৰকাৰী জলপানীৰে তেওঁ হাৱাইত পঢ়িবলৈ আহে আৰু তাতে সহপাঠী এন ডাৰহামক লগ পায়। ১৯৬২ চনৰ ২ ফেব্ৰুৱাৰীত দুয়ো বিবাহপাশত আৱদ্ধ হয়। তাৰ কিছুদিনৰ পাছতে বাৰাক অ'বামাৰ জন্ম হয়।অ'বামাৰ জন্মৰ ২ বছৰৰ পাছতে পিতৃ মাতৃৰ বিবাহ বিচ্ছেদ হয় আৰু ১৯৬৫ চনত এন ডানহামে ইণ্ডোনেচিয়াৰ ছাত্ৰ ল'ল' ছ'ৱেট'ৰ'ৰ সৈতে বিবাহ কৰে, আৰু এবছৰৰ পাছত গোটেই পৰিয়াল জাকাৰ্টালৈ যায়গৈ। তাতে অ'বামাৰ সতীয়া ভগ্নী মায়া ছ'ৱেট'ৰ'ৰ জন্ম হয়। বাৰাক অ'বামাই সতীয়া পিতৃ আৰু ভগ্নী লগত ইণ্ডোনেচিয়াত থাকিবলৈ লয়। অ'বামাৰ শিক্ষাৰ প্ৰয়োজনীয়তাত তেখতৰ মাতৃয়ে তেওক পুনৰ হাৱাইলৈ পঠিয়াই দিয়ে আৰু তেওঁ হাৱাইৰ বিখ্যাত 'পুনাহু' স্কুলত শিক্ষা লাভ কৰে। স্কুলীয়া জীৱনত তেও মধ্যমীয়া ছাত্ৰ আছিল। এন ডাৰহাম আৰু মায়াও কিছুদিনৰ পাছত হাৱাইত থকা অ'বামাৰ ওচৰলৈ গুচি আহে। তাৰ পাছত তেও লছ এঞ্জেলছৰ অক্সিডেণ্টেল কলেজত মান ভৰ্তি কৰে আৰু তাৰ পাছত কলম্বিয়া বিশ্ববিদ্যালয়লৈ যায়। তাত তেখেতে ৰাজনীতি আৰু বৈদিশিক পৰিক্ৰমাৰ বিষয়ে অধ্যয়ন কৰে। তাৰ পাছত তেওঁ চিকগোৰ দুখীয়া আৰু কৃষ্ণাংগ লোক অধ্যূসিত অঞ্চলবিলাকত 'কমিউনিটি অৰ্গেনাইজাৰ' হিচাপে কৰ্মৰত হয়। ১৯৯০ চনত অ'বামা "হাৰ্ভাৰ্ড ল' ৰিভিউ" সম্পাদনা কৰা প্ৰথম আফ্ৰিকামূলীয় আমেৰিকান ৰূপে পৰিগণিত হয়। ১৯৯১ চনত তেও হাৰ্ভাডৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে। ৰাজনৈতিক জীৱন ১৯৯৬ চনত অ'বামা ইলিনয়ৰ পৰা ষ্টেট চিনেটৰ হিচাপে নিৰ্বাচিত হয় আৰু ৮ বছৰ কাৰ্যনিৰ্বাহ কৰে। ২০০৪ চনৰ ডেম'ক্ৰেটিক নেচনেল কনভেনচনত 'জন কেৰী' সমৰ্থনত এটি অতি প্ৰয়োজনীয় ভাষণেৰে অ'বামাই ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিতি লাভ কৰে। ২০০৮ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু প্ৰথম কাৰ্যকাল ২০০৭ চনত ফেব্ৰুৱাৰী মাহত আমেৰিকাৰ ডেম'ক্ৰেটিক দলে তেওঁক ৰাষ্ট্ৰপদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে। এই মনোনয়নৰ বাবে হোৱা ডেম'ক্ৰেটিক দলৰ অভ্যন্তৰীণ নিৰ্বাচনত তেওঁ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ পত্নী হিলাৰী ৰ'ধাম ক্লিণ্টনক পৰাজিত কৰিছিল। পিছত হোৱা সাধাৰণ নিৰ্বাচনত তেখেতে ৰিপব্লিকান দলৰ প্ৰাৰ্থী জন মেক-কেইনক অনায়াসে পৰাস্ত কৰে। চিনেটৰ হিলাৰী ক্লিণ্টনে নিৰ্বাচনী প্ৰচাৰৰ সময়ৰ অ'বামালৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়ায়। সেই সময় আমেৰিকাৰ অৰ্থনীতি আৰু কুটনীতিৰ এক জটিল সময় আছিল। অ'বামাৰ নিৰ্বাচনী প্ৰচাৰৰ মূল এজেণ্ডা আছিল, অৰ্থনৈতিক সংষ্কাৰ, বিকল্প শক্তি, আৰু শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ আমূল পৰিবৰ্তন, লগতে ৰাষ্ট্ৰীৰ ঋণ হ্ৰাস কৰা। এই নিৰ্বাচনত অ'বামাই ৫২.৯% শতাংশ ভোট লাভ কৰাৰ বিপৰীতে ৰিপাব্লিকান প্ৰাৰ্থী জন মেক-কেইনে ৪৫.৭% ভোট পায়। অ'বামাৰ সহকৰ্মী ডেলাৱেৰৰ চিনেটৰ জ' বাইডেনক উপ-ৰাষ্ট্ৰপতি মনোনীত কৰা হয়। ২০০৯ চনৰ ২০ জানুৱাৰীত অবামাই আমেৰিকা ৮৮তম তথা প্ৰথম আফ্ৰিকীয় মূলৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। প্ৰথমবাৰ ৰাষ্ট্ৰপতি হোৱাৰ সময়তে অ'বামাই কঠিন পৰীক্ষাৰ সন্মুখীন হয়। ইতিমধ্যে বিশ্বৰ আৰ্থিক মন্দাৱস্থা আৰম্ভ হৈ গৈছিল, দুখনকৈ যুদ্ধ চলি আছিল, আৰু আন্তঃৰাষ্ট্ৰীয় জনপ্ৰিয়তা মাপকত আমেৰিকাৰ স্থান ইতিহাসত সকলোতকৈ তললৈ নামিছিল। এই সম্পৰ্কে অ'বামাই আমেৰিকা জনসাধাৰণকে এইদৰে কৈছিল নিজৰ কাৰ্যকালৰ ১০০ দিনৰ ভিতৰতে অ'বামাই বিভিন্ন ক্ষেত্ৰত কেইবাটাও দৃঢ় পদক্ষেপ লৈছিল। শিশুৰ স্বাস্থ্য বীমাৰ পৰিসৰ বৃদ্ধি কৰা, মহিলাৰ সম-মজুৰীৰ দাবীৰ প্ৰতি সহায় আগবঢ়োৱা, অৰ্থনৈতিক প্ৰগতি হস্ৰম্যাদী পৰিকল্পনাৰ প্ৰতি সহযোগ কৰা, ইত্যাদি বিল কংগ্ৰেছত গ্ৰহণ কৰা হৈছিল। গৃহনিৰ্মাণ আৰু ক্ৰেডিট ক্ষেত্ৰই পুনৰোত্থানৰ বাবে চৰকাৰী সহায় আগবঢ়োৱা হৈছিল। বিভিন্ন কৰো কৰ্তন কৰা হৈছিল। এইকেইদিনতে অ'বামাই আমেৰিকাৰ পৰৰাষ্ট্ৰনীতিৰো আমূল পৰিবৰ্তন ঘটোৱাৰ প্ৰয়াস কৰিছিল। তেও, ইউৰোপ, ৰাছিয়া, আৰু চীনৰ সৈতে সম্পৰ্ক উন্নীতকৰণৰ লগতে, ইৰাণ, ভেনিজুৱেলা, আৰু কিউবাৰ সৈতে আলোচনা কৰিবলৈ আগবাঢ়িছিল। মিত্ৰদেশসমূহৰ লগত একেলগ হৈ বিশ্বৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বিৰূদ্ধে সামূহিক ভাবে আগবাঢ়িছিল। আফগানিস্তানলৈ অতিৰিক্ত ২১০০০ সামৰিক গোট পথোৱাৰ লগতে, আগষ্ট ২০১০ৰ ভিতৰত ইৰাকৰ পৰা আমেৰিকীয় সেনা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছিল। পুনৰনিৰ্বাচন আৰু দ্বিত্বীয় কাৰ্যকাল ২০০৮ চনৰ দৰে, এইবাৰো অ'বামাৰ নিৰ্বাচন প্ৰচাৰৰ মূলমন্ত্ৰ তৃণমূলীয় বিষয়বস্তুয়েই হয়। ২০১২ চনৰ এই নিৰ্বাচনত অ'বামা ৰিপাব্লিকান দলৰ মিট ৰমনে'ৰ মুখামুখি হয়। ২০১২ চনৰ ৬ নৱেম্বৰৰ সন্ধিয়া অ'বামাক বিজয়ী ঘোষণা কৰা হয়। যদিও প্ৰাক নিৰ্বাচন সমীক্ষাবিলাকত তেও কঠিন প্ৰত্যহ্বানৰ সন্মুখীন হব বুলি ধাৰণা কৰা হৈছিল। অ'বামাই প্ৰায় ৬০% ভোট লাভ কৰে। ২০১৩ চনৰ ২১ জানুৱাৰীত অ'বামাই আধিকাৰীক ভাৱে দ্বিতীয় বাৰৰ বাবে, আমেৰিকা যক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ আসন গ্ৰহণ কৰে। ব্যক্তিগত জীৱন বৰাক অ'বামা ১৯৯২ চনত মিচ্ছেল অ'বামা (আগতে ৰবিনচন)-ৰ লগত বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোক মালিয়া (জন্ম ১৯৯৮) আৰু ছাছা (জন্ম ২০০১) নামেৰে দুগৰাকী দুহিতা আছে। ন'বেল বঁটা "আন্তঃৰাষ্ট্ৰীয় কূটনীতি আৰু সহযোগিতা সৱলীকৰণৰ ক্ষেত্ৰৰ অসামান্য অৱদান"ৰ বাবে বাৰাক অ'বামাক ২০০৯ চনৰ শান্তিৰ ন'বেল বঁটা প্ৰদান কৰা হয়। নৰৱেৰ ন'বেল সমিতিয়ে ২০০৯ চনৰ ৯ অক্টোবৰ এই বঁটাৰ কথা ঘোষণা কৰাৰ সময়ত পৰামাণৱিক অবিস্তাৰ )-ৰ ক্ষেত্ৰত বাৰাক অ'বামাৰ যোগদানৰ কথা উল্লেখ কৰে, আৰু লগতে তেখেতে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত নতুন ভাৱধাৰাৰ সূচনা কৰা বুলিও কয়। ন'বেল সমিটিৰ এই সিদ্ধান্তত যুক্তৰাষ্ট্ৰৰ বুদ্ধিজীৱী আৰু লেখক সকলৰ লগতে সমগ্ৰ বিশ্বৰ চিন্তাবিদসকলে মিশ্ৰ প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে। ২০০৯ চনৰ ১০ ডিচেম্বৰত, অচল'ত এটা ৩৬ মিনিটিয়া ভাষণেৰে অ'বামাই এই বটাঁ গ্ৰহণ কৰে। ন'বেল বঁটা লাভ কৰা অ'বামা আমেৰিকা যুক্তৰাষ্ট্ৰৰ চতুৰ্থ জন ৰাষ্ট্ৰপতি, ইয়াৰ আগতে 'থিঅ'দ'ৰ ৰুজভেল্ট' 'উড্ৰ ৱিলচন' আৰু 'জিমি কাৰ্টাৰে' )-এ এই বঁটা লাভ কৰিছিল। সাহিত্যকৃতি বাৰাক অ'বামাই ১৯৯৫ চনত আত্মজীৱনীমূলক গ্ৰন্থ (মোৰ দেউতাৰ সপোন) প্ৰকাশ কৰে। তেখেতৰ দ্বিতীয় গ্ৰন্থ হ'ল (আশাৰ সাহস), যিখন ২০০৬ চনত মুকলি কৰা হয়। দুয়োখন কিতাপেই গ্ৰেমী )-ৰ "বেষ্ট স্পকে'ন ৱৰ্ড এলবাম"ৰ খিতাপ লাভ কৰে। তথ্য সংগ্ৰহ অধিক পঢ়ক 1, 2006. 14, 2008. (2005) 2004 2004" 2005, 1-59454-360-7 2007. 27, 2010. 7, 2007. 14, 2008. 2010. 8, 1995. 14, 2008. বাহ্যিক সংযোগ আধিকাৰিক অনান্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি জীৱিত ব্যক্তি ৰাজনীতিবিদ সাহিত্যিক শান্তিৰ ন'বেল বঁটা বিজয়ী আমেৰিকা যুক্তৰাষ্ট্ৰৰ
76641
https://as.wikipedia.org/wiki/%E0%A6%89%20%E0%A6%9C%E0%A7%87%E0%A6%A4%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%A8
উ জেতিয়ান
উ ঝাও, যাক সাধাৰণতে উ জেতিয়ান() (১৭ ফেব্ৰুৱাৰী ৬২৪ ১৬ ডিচেম্বৰ ৭০৫), বা উ হৌ, আৰু পিছত টাং ৰাজবংশৰ সময়ত তিয়ান হাউ হিচাপে, টাং ৰাজবংশৰ কাৰ্যত শাসক আছিল। যদিও প্ৰথমে তেওঁৰ স্বামী সম্ৰাট গাওজঙ আৰু তাৰ পিছত তেওঁৰ পুত্ৰ সম্ৰাট ঝংজং আৰু ৰুইজঙৰ ৬৬৫ ৰ পৰা ৬৯০ লৈ ৰাজ্য শাসন কৰিছিল, প্ৰকৃততে সিংহাসনৰ আঁৰত তেওঁহে কাৰ্যবোৰ সম্পাদন কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ চীনৰ উ ঝৌ ৰাজবংশৰ সম্ৰাজ্ঞী হৈ পৰে আৰু ৬৯০ ৰ পৰা ৭০৫ লৈ শাসন কৰে। [3] চীনৰ ইতিহাসত তেওঁ একমাত্ৰ বৈধ মহিলা সাৰ্বভৌম শাসক আছিল। তেওঁৰ ৪০ বছৰীয়া শাসনকালত চীন বহুলভাৱে সম্প্ৰসাৰিত হৈছিল, আদালতত দুৰ্নীতি হ্ৰাস হৈছিল, আৰু চীন সংস্কৃতি আৰু অৰ্থনীতি পুনৰুজ্জীৱিত হৈছিল। লগতে এই শাসনক বিশ্বৰ অন্যতম মহান শক্তি হিচাপে স্বীকৃতি দিয়া হৈছিল। উ সম্ৰাট টাইজঙৰ উপপত্নী আছিল। সম্ৰাটৰ মৃত্যুৰ পিছত, তেওঁ সম্ৰাটৰ উত্তৰাধিকাৰী- নৱম পুত্ৰ সম্ৰাট গাওজনক বিয়া কৰায়, যি আনুষ্ঠানিকভাৱে ৬৫৫ চনত গাওজঙৰ হুয়াংহৌ বা সম্ৰাজ্ঞী সহধৰ্মিনী হয়, যদিও ইয়াৰ আগতেও তেওঁৰ যথেষ্ট ৰাজনৈতিক ক্ষমতা আছিল। ৬৬০ চনত গাওজঙৰ দুৰ্বল ষ্ট্ৰোকৰ পিছত, উ জেটিয়ান ৭০৫ চনলৈকে আদালতৰপৰা সম্ৰাটৰ সমান পদবী লাভ কৰি প্ৰশাসন চলায়। তেওঁ সম্ৰাজ্ঞী উ হোৱাৰ আৰৰ কাহিনী এনে আছিল। সম্ৰাট গাওজঙৰ হাৰেমত পুনৰ প্ৰৱেশ কৰাৰ পিছত, সম্ৰাটৰ প্ৰেম আৰু আকৰ্ষণ লাভ কৰিবলৈ তেওঁ সম্ৰাজ্ঞী ৱাং আৰু সহধৰ্মিনী জিয়াওৰ সৈতে সংঘৰ্ষ কৰে, আৰু অৱশেষত তেওঁলোকক বহিষ্কাৰ কৰি হত্যা কৰে। ৬৫৫ চনত গাওজঙৰ সৈতে তেওঁৰ বিবাহৰ পিছত, সম্ৰাজ্ঞী উৰ ক্ষমতাৰ উত্থান দ্ৰুত হয়। তেওঁ এগৰাকী শক্তিশালী, আকৰ্ষণীয়, ধূৰ্ত, প্ৰতিশোধমূলক, উচ্চাভিলাষী আৰু সুশিক্ষিত মহিলা যি তেওঁৰ স্বামীৰ পৰম আগ্ৰহ আৰু আকৰ্ষণ লাভ কৰিছিল। যেতিয়া টাং সাম্ৰাজ্য ইয়াৰ গৌৰৱৰ শীৰ্ষত আছিল, উ ৰাজপ্ৰাসাদৰ আদালতৰ আটাইতকৈ শক্তিশালী আৰু প্ৰভাৱশালী মহিলা আছিল। তেওঁ তেওঁৰ স্বামীতকৈ অধিক সক্ৰিয় আছিল, আৰু বুৰঞ্জীবিদসকলে তেওঁক ওঠৰ বছৰতকৈও অধিক সময় ধৰি সিংহাসনৰ আঁৰৰ প্ৰকৃত শক্তি বুলি গণ্য কৰে।তেওঁ দৈনিক ভিত্তিত আদালতৰ তত্বাৱধান কৰিছিল। সম্ৰাটে আদালত তৈয়াৰ কৰাৰ সময়ত তেওঁ প্ৰায়ে উপস্থিত আছিল, আৰু আনকি সম্ৰাট অসুস্থ হৈ থকাৰ সময়ত স্বতন্ত্ৰভাৱে আদালত চলাইছিল। পৃষ্ঠভূমি আৰু প্ৰাৰম্ভিক জীৱন উ পৰিয়ালগোত্ৰৰ উৎপত্তি ৱেনচুই কাউণ্টি, বিংঝৌত হৈছিল। উ জেতিয়ানৰ জন্মস্থান সংৰক্ষিত ইতিহাসত নথিভুক্ত কৰা হোৱা নাই আৰু বিতৰ্কিত হৈ আছে। কিছুমান পণ্ডিতে যুক্তি দিয়ে যে উ জেতিয়ানৰ জন্ম ৱেনচুইত হৈছিল, আৰু কিছুমানে যুক্তি দিয়ে যে ই লিঝৌ হৈছিল, আনহাতে আন কিছুমানে জোৰ দিয়ে যে তেওঁ চাং আনৰ ৰাজধানীত জন্মগ্ৰহণ কৰিছিল (আজি জিয়ান নামেৰে জনাজাত)। উ জেতিয়ানৰ জন্ম টাঙৰ সম্ৰাট গাওজুৰ ৰাজত্বকালৰ সপ্তম বছৰত হৈছিল। একে বছৰতে, সমগ্ৰ চীনত সূৰ্যৰ সম্পূৰ্ণ গ্ৰহণ দেখা গৈছিল। তেওঁৰ দেউতাক উ শিয়ু কাঠৰ ব্যৱসায়ত জড়িত আছিল আৰু পৰিয়ালটো তুলনামূলকভাৱে আৰ্থিকভাৱে সুকলমে চলি গৈছিল। জেতিয়ানৰ মাক শক্তিশালী য়াং পৰিয়ালৰ আছিল। চুইৰ সম্ৰাট য়াঙৰ অন্তিম বছৰবোৰত, লি য়ুৱান (যি টেনৰ সম্ৰাট গাওজু হ'বলৈ যাব) বহুবাৰ উ পৰিয়ালত আহি থাকিছিল আৰু হেডং আৰু টাইয়ুৱান দুয়োটাতে নিযুক্তি ৰখাৰ সময়ত উ পৰিয়ালৰ ঘনিষ্ঠ হৈ পৰিছিল। লি য়ুৱানে সম্ৰাট য়াংক উৎখাত কৰাৰ পিছত, তেওঁ উ পৰিয়ালৰ প্ৰতি উদাৰ আছিল আৰু তেওঁলোকক ধন, শস্য, ভূমি আৰু কাপোৰ প্ৰদান কৰিছিল। টাং ৰাজবংশ প্ৰতিষ্ঠা হোৱাৰ পিছত, উ শিহৌৱে ইয়াংঝৌ, লিঝৌ আৰু জিংঝৌ (আধুনিক জিয়াংলিং কাউণ্টি, হুবেই)ৰ ৰাজ্যপালকে ধৰি কেইবাটাও জ্যেষ্ঠ মন্ত্ৰীপদ তত্বাৱধান কৰিছিল। উৱে বিভিন্ন বিষয় যেনে ৰাজনীতি আৰু অন্যান্য চৰকাৰী বিষয়, লিখনি, সাহিত্য আৰু সংগীত ৰ বিষয়ে পঢ়িছিল আৰু শিকিছিল। চৈধ্য বছৰ বয়সত তেওঁ টাঙৰ সম্ৰাট টাইজঙৰ এগৰাকী সাম্ৰাজ্যিক উপপত্নী হিচাপে স্থান পাইছিল। তেওঁ প্ৰথমে এক প্ৰকাৰৰ সচিবৰ পদবীত আছিল। এই সুযোগটোৱে তেওঁক তেওঁৰ শিক্ষা অব্যাহত ৰাখিবলৈ সুবিধা দিছিল। তেওঁক কাইৰেন উপাধি প্ৰদান কৰা হৈছিল। এই উপাধি সাম্ৰাজ্যিক বিষয়া, অভিজাত আৰু সহধৰ্মিনি সকলক দিয়া খিতাপ। সহধৰ্মিনী আৰু ৰাজকীয় ষড়যন্ত্ৰ গাওজং ২১ বছৰ বয়সত সম্ৰাট হৈছিল। গাওজং প্ৰথম পছন্দ নাছিল কিয়নো তেওঁ অনভিজ্ঞ আছিল আৰু সঘনাই অসুস্থতাত পৰিছিল। গাওজঙক কেৱল তেওঁৰ দুই ডাঙৰ ভাতৃৰ লাঞ্ছনাৰ বাবে সাম্ৰাজ্যৰ উত্তৰাধিকাৰী কৰা হৈছিল। সম্ৰাট টাইজঙৰ মৃত্যুবাৰ্ষিকীত বা পিছত, সম্ৰাট গাওজং ধূপ জলাই প্ৰৰ্থনা কৰিবলৈ গানি মন্দিৰলৈ গৈছিল। যেতিয়া তেওঁ আৰু উয়ে ইজনে সিজনক দেখিছিল, তেওঁলোক দুয়োকান্দিছিল। এইটো সম্ৰাট গাওজঙৰ পত্নী সম্ৰাজ্ঞী ৱাঙে দেখিছিল। সেই সময়ত সম্ৰাট গাওজঙে সম্ৰাজ্ঞী ৱাঙৰ পক্ষত বৰ এটা নাছিল। তাৰ পৰিৱৰ্তে, তেওঁ তেওঁৰ উপপত্নী সহধৰ্মিনী জিয়াওৰ পক্ষত লৈছিল। তদুপৰি, সম্ৰাজ্ঞী ৱাঙৰ কোনো সন্তান নাছিল, আৰু সহধৰ্মিনী জিয়াওৰ এজন পুত্ৰ (লি চুজি) আৰু দুগৰাকী কন্যা (ৰাজকুমাৰী য়িয়াং আৰু জুয়ানচেং) আছিল। সম্ৰাজ্ঞী ৱাঙে সম্ৰাট গাওজঙক উৰ সৌন্দৰ্যৰ দ্বাৰা প্ৰভাৱিত হোৱা দেখি তেওঁ আশা কৰিছিল যে নতুন উপপত্নীৰ আগমনে সম্ৰাটক সহধৰ্মিনী জিয়াওৰ পৰা আঁতৰাই নিব। সেয়েহে, সম্ৰাজ্ঞী ৱাঙে গোপনে উক প্ৰাসাদলৈ স্বাগতম জনাইছিল। সহধৰ্মিনী উৱে সোনকালেই সম্ৰাট গাওজঙৰ প্ৰিয় হিচাপে সহধৰ্মিনী জিয়াওক অতিক্ৰম কৰিছিল। ৬৫২ চনত তেওঁ লি হং নামৰ তেওঁৰ প্ৰথম সন্তানৰ জন্ম দিয়ে। ৬৫৩ চনত, তেওঁ আন এজন পুত্ৰ লি সিয়ানক জন্ম দিয়ে। ক্ষমতাৰ বাবে যুঁজ ৰাজকুমাৰী চাংগলে জেনেৰেল ঝাও গুইৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁৰ এজনী ছোৱালী আছিল যি উৰ তৃতীয় পুত্ৰ ৰাজকুমাৰ লি সিয়ান ঝাউৰ পত্নী আৰু ৰাজকুমাৰী সহধৰ্মিনী হৈছিল। ৰাজকুমাৰী ঝাওৰ ওপৰত অনিৰ্দিষ্ট অপৰাধৰ অভিযোগ আৰোপ কৰা হৈছিল আৰু গ্ৰেপ্তাৰ কৰা হৈছিল, অৱশেষত অনাহাৰত তেওঁ মৃত্যু মুখত পৰিছিল। ঝাও গুই আৰু ৰাজকুমাৰী চাংলেক নিৰ্বাসিত কৰা হৈছিল। ইফালে, সেই মাহৰ শেষৰ ফালে সম্ৰাট গাওজঙে শাসনৰ ওপৰত ইমান প্ৰভাৱ নপৰিবলৈ সম্ৰাজ্ঞী উক আহ্বান জনোৱা আৰু তেওঁৰ সৎ ভগ্নী, সহধৰ্মিনী জিয়াওৰ জীয়ৰী, ৰাজকুমাৰী য়িয়াং আৰু জুয়ানচেংক (গৃহবন্দী) বিয়া কৰিবলৈ অনুমতি দিয়াৰ অনুৰোধ কৰে। সম্ৰাজ্ঞী উৱে এই কথাত অসন্তুষ্টি প্ৰকাশ কৰে। তাৰ পিছতেই ৰাজকুমাৰ লি হঙৰ আকস্মিক মৃত্যু হয়। পৰম্পৰাগত বুৰঞ্জীবিদসকলে সাধাৰণতে বিশ্বাস কৰিছিল যে সম্ৰাজ্ঞী উয়ে লি হঙক বিষ খোৱাই হত্যা কৰিছিল। লি সিয়ান, তেতিয়া প্ৰিন্স অফ য়ং উপাধি বহন কৰি, ৰাজকুমাৰ হৈছিল। ইফালে, সহধৰ্মিনী জিয়াওৰ পুত্ৰ লি চুজি আৰু সম্ৰাট গাওজঙৰ আন এজন পুত্ৰ লি শ্বাংজিন )ৰ বিৰুদ্ধে সম্ৰাজ্ঞী ৱুৰ দ্বাৰা বাৰে বাৰে অপৰাধৰ অভিযোগ উত্থাপন কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকক পদাবনতি দিয়া হৈছিল। তথ্য
75150
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A6%A4%20%E0%A6%B2%E0%A6%BF%E0%A6%82%E0%A6%97%20%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B8%E0%A7%B0%E0%A6%BF%20%E0%A6%AE%E0%A6%9C%E0%A7%81%E0%A7%B0%E0%A6%BF%E0%A7%B0%20%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A7%B1%E0%A6%A7%E0%A6%BE%E0%A6%A8
ভাৰতত লিংগ অনুসৰি মজুৰিৰ ব্যৱধান
ভাৰতত লিংগ অনুসৰি মজুৰিৰ ব্যৱধান হৈছে বেতনপ্ৰাপ্ত নিযুক্তি আৰু শ্ৰমিক মাজত মহিলা আৰু পুৰুষৰ মাজত উপাৰ্জনৰ পাৰ্থক্য। ২০১৩ বৰ্ষত ভাৰতত লিংগ অনুসৰি মজুৰিৰ ব্যৱধান ২৪.৮১% বুলি অনুমান কৰা হৈছিল। লগতে অৰ্থনীতিত মহিলাৰ অংশগ্ৰহণৰ স্তৰ বিশ্লেষণ কৰোঁতে এই প্ৰতিবেদনে ভাৰতক বিশ্বৰ ভিতৰত তালিকাৰ তলৰ ১০খন দেশৰ ভিতৰত অন্যতম হিচাপে স্থান দিছে। ভাৰতত অসমান দৰমহাৰ উপৰিও অসমান লিংগ প্ৰতিনিধিত্বও বিদ্যমান। কিয়নো যদিও মহিলাসকল ভাৰতীয় মুঠ জনসংখ্যাৰ প্ৰায় ৪৮% কৰ্মশক্তিত তেওঁলোকৰ প্ৰতিনিধিত্ব মুঠৰ মাত্ৰ এক-চতুৰ্থাংশ। ইতিহাস আৰু কাৰকসমূহ ১৯০১ চনৰ পৰা ১৯৫১ চনলৈ ভাৰতত মহিলা শ্ৰমিকৰ অংশগ্ৰহণৰ হাৰ আছিল ২৮ ৰ পৰা ৩৪ শতাংশৰ ভিতৰত। ১৯৯০ চনত অংশগ্ৰহণৰ স্তৰৰ হাৰ ইয়াৰ আগৰ বছৰৰ তুলনাত কম আছিল। এই হাৰ ৰাজ্য ভেদেও ভিন ভিন হয়। উত্তৰ ভাৰতৰ অঞ্চলবোৰত (যিবোৰ অধিক পুৰুষতান্ত্ৰিক বুলি গণ্য কৰা হৈছে) দক্ষিণ ভাৰতৰ ৰাজ্যবোৰতকৈ মহিলাসকলৰ অংশগ্ৰহণৰ হাৰ কম। দক্ষিণ ভাৰতত উত্তৰ ভাৰতৰ তুলনাত মহিলাসকলৰ আনুষ্ঠানিক অৰ্থনীতিত অংশগ্ৰহণ কৰাৰ অধিক স্বাধীনতা আছে। শেহতীয়াকৈ চিইডব্লিউএ (স্ব-নিয়োজিত মহিলা সন্থা)ত দেখা গৈছে যে মহিলা শ্ৰমিকৰ গড় মজুৰি আছিল ১৮১৫ টকা আৰু পুৰুষৰ গড় মজুৰি আছিল ৩৮৪২ টকা। ভাৰতত বিদ্যমান লিংগ বেতনৰ ব্যৱধানত অৰিহণা যোগোৱা কিছুমান মুখ্য কাৰক হৈছে: বৃত্তিগত পছন্দ মজুৰি লাভ কৰা শ্ৰমিক সকলৰ মাজত মহিলাৰ অংশগ্ৰহণৰ হাৰ সাধাৰণতে কম। তেওঁলোকৰ অংশগ্ৰহণ মুখ্যতঃ কৃষি খণ্ডৰ গ্ৰাম্য এলেকাত কেন্দ্ৰীভূত হয়। উত্তৰ ভাৰতৰ গ্ৰাম্য অঞ্চলত দেখা গৈছে যে লিংগৰ ভিত্তিত শ্ৰম বিভিন্ন ভাগত বিভক্ত কৰা হয়। কৃষিৰ কিছুমান কাৰ্যকলাপ বিশেষকৈ মহিলাসকলক আৱণ্টন কৰা হৈছে। কিছুমান কাম যেনে শস্য শুকোৱা আৰু সংৰক্ষণ কৰা আদি মহিলাৰ দ্বাৰা আনহাতে অন্যান্য কাম যেনে হাল বোৱা আৰু শস্য চলোৱা কেৱল পুৰুষৰ দ্বাৰা কৰা হয়। এয়া কেৱল অগ্ৰাধিকাৰ আৰু আধিপত্য নহয়। ব্যক্তিগত সেৱা আৰু যত্নৰ কামৰ সৈতে জড়িত খণ্ডবোৰত ভাৰতত মহিলা শ্ৰমিকৰ অংশগ্ৰহণ অধিক হোৱা দেখা গৈছে। অনানুষ্ঠানিক ক্ষেত্ৰত বিশেষকৈ কৃষিক্ষেত্ৰতো মহিলাৰ অংশগ্ৰহণ অধিক। সাংস্কৃতিক বাধা ভাৰতৰ ভিতৰত সামাজিক আৰু সাংস্কৃতিক নিয়মবোৰ ৰাজ্য ভেদে পৃথক। তথাপিও এটা সাদৃশ্য দেখা গৈছে যে মহিলাসকলক মজুৰি লাভ কৰা শ্ৰমিকসকলৰ পৰা বাদ দিয়া আৰু শ্ৰমিকৰ স্থিতি আধাৰিত পৃথক্কৰণ সকলোতে বিদ্যমান। বিদ্ৰূপাত্মকভাৱে উচ্চ বৰ্ণৰ মহিলাসকলে মজুৰি প্ৰাপ্ত কৰিবলৈ কাম কৰিবলৈ চেষ্টা কৰাৰ সময়ত অধিক অসুবিধাৰ সন্মুখীন হৈছিল। আনকি তেওঁলোকৰ জীয়াই থকাটো ইয়াৰ ওপৰত নিৰ্ভৰ শীল হ'লেও তেওঁলোকৰ বাবে ই এক সামাজিক সমস্যা। উত্তৰ ভাৰতৰ গ্ৰাম্য অঞ্চলৰ বিধৱাসকলৰ সৈতে কৰা সাক্ষাৎকাৰত তেওঁলোকে কৈছিল যে যদি তেওঁলোকৰ ঘৰৰ বাহিৰত লাভজনক নিযুক্তি বিচাৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁলোকে তেওঁলোকৰ সম্পত্তিৰ অধিকাৰ ত্যাগ কৰিবলৈ বাধ্য হ'ব আৰু তেওঁলোকে বাস কৰা গাঁও এৰি দিবলৈ বাধ্য হ'ব। এইবোৰে সূচায় যে বিদ্যমান সামাজিক নিয়মৰ বাবে নিজকে বজাই ৰখাৰ বাবেও মজুৰিযুক্ত শ্ৰম এটা সম্ভৱ বিকল্প নহয়। যিহেতু শিশু যত্নক মুখ্যতঃ এগৰাকী মহিলাৰ কাম হিচাপে গণ্য কৰা হয়, মহিলাসকলে প্ৰায়ে আংশিক সময়ৰ চাকৰি গ্ৰহণ কৰে বা তেওঁলোকৰ পৰিয়ালৰ যত্ন লোৱাৰ বাবে তেওঁলোকৰ কেৰিয়াৰৰ সময়ত সময় উলিয়ায় লাগে। যেতিয়া মহিলাসকলে বিৰতিৰ পিছত কামলৈ উভতি আহে, তেওঁলোকক তেওঁলোকৰ পুৰুষ সহকৰ্মীৰ তুলনাত কম মজুৰি দিয়া হয়। সাধাৰণতে পূৰ্ণ-সময়ৰ নিযুক্তি প্ৰাপ্ত মহিলাসকলে ইতিমধ্যে পুৰুষতকৈ ৩৪% কম উপাৰ্জন কৰিছিল, কিন্তু আংশিক সময়ৰ কৰ্মৰত মহিলাৰ তুলনাত, দৰমহাৰ ব্যৱধান আৰু বৃদ্ধি হৈছিল কিয়নো তেওঁলোকে পুৰুষতকৈ প্ৰায় ৪২% কম উপাৰ্জন কৰিছিল। ১৩ ইয়াৰ উপৰিও মহিলাসকলৰ সন্তান নাথাকিলেও দেখা গৈছে যে তেওঁলোকে এতিয়াও মজুৰিৰ বৈষম্যৰ সন্মুখীন হয় কিয়নো তেওঁলোকক সম্ভাৱ্য মাতৃ হিচাপে গণ্য কৰা হয় যাক অদূৰ ভৱিষ্যতে কামৰ পৰা বিৰতিৰ প্ৰয়োজন হ'ব পাৰে। শিক্ষা আৰু প্ৰশিক্ষণ ভাৰতত মহিলাৰ সাক্ষৰতাৰ হাৰ পুৰুষৰ হাৰতকৈ যথেষ্ট কম আৰু দেখা গৈছে যে বহুতো ছোৱালীয়ে স্কুল এৰি দিয়ে আৰু তেওঁলোকৰ শিক্ষা সম্পূৰ্ণৰূপে সম্পূৰ্ণ কৰাত ব্যৰ্থ হয়।শিক্ষা আৰু প্ৰশিক্ষণত বিনিয়োগ পুৰুষৰ পক্ষত বেছিকৈ কৰা হয় কিয়নো তেওঁলোকক উপাৰ্জনকাৰী হোৱাৰ আশাৰে ডাঙৰ-দীঘল কৰা হয়। সেয়েহে এই বিনিয়োগ তেওঁলোকৰ সফলতাৰ বাবে প্ৰয়োজনীয় বুলি গণ্য কৰা হয়। আনহাতে মহিলাসকলক ইয়াৰ পৰিৱৰ্তে "ভৱিষ্যতৰ গৃহনিৰ্মাতা" হিচাপে গণ্য কৰা হয় যাৰ বাবে শিক্ষা অত্যাৱশ্যকীয় নহ'ব পাৰে। পুৰুষ আৰু মহিলা শিক্ষাৰ মাজৰ এই পাৰ্থক্য বিগত বছৰবোৰত হ্ৰাস পাইছে। ২০০১ চনত পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ শতাংশৰ মাজৰ পাৰ্থক্য ২১.৫৯ আৰু ২০১১ চনত ১৬.৬৮ লৈ হ্ৰাস হৈছিল। ইয়াৰ ফলত সময় আগবাঢ়ি অহাৰ লগে লগে মহিলাসকলে অধিক সুযোগ লাভ কৰিছে। অবৈতনিক কাম ১৯৯৫ চনৰ মানৱ উন্নয়ন প্ৰতিবেদন অনুসৰি, মহিলাসকলে তেওঁলোকৰ কামৰ প্ৰায় দুই-তৃতীয়াংশ সময় অবৈতনিক কামত ব্যয় কৰে। আনহাতে পুৰুষসকলে তেওঁলোকৰ সময়ৰ মাত্ৰ এক-চতুৰ্থাংশ অবৈতনিক শ্ৰমৰ বাবে ব্যয় কৰে। ভাৰতত অনুমান কৰা হৈছে যে মহিলাসকলে প্ৰতি সপ্তাহত পুৰুষতকৈ গড়ে ২১ ঘণ্টা অধিক কাম কৰে। বৰ্তমান ভাৰতত বৰ্তমানৰ চাকৰিৰ দুই-তৃতীয়াংশতকৈও অধিক কৃষিৰ অংশ আছে, কিন্তু মহিলাসকলে এই খণ্ডত অৱদান আগবঢ়োৱা বেছিভাগ কামৰ হিচাপ বা আনুষ্ঠানিকভাৱে নথিভুক্ত কৰা হোৱা নাই। ই পুনৰ কৰ্মশক্তিত পুৰুষ আৰু মহিলাৰ মুঠ জনসংখ্যাৰ কথা বিবেচনা নকৰে। আইনী সুৰক্ষা আন্তৰ্জাতিক দায়বদ্ধতা ভাৰত ১৯২২ চনৰ পৰা আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ পৰিচালনা সমিতিৰ স্থায়ী সদস্য। ১৯৫৮ চনৰ ছেপ্টেম্বৰত ভাৰতে চি১০০ সমান পাৰিশ্ৰমিক সন্মিলন, ১৯৫১ (নং ১০০) অনুমোদন কৰিছিল। ই সমান মূল্যৰ কামৰ বাবে পুৰুষ আৰু মহিলাৰ মাজত সমান দৰমহাৰ বিষয়টো সমাধান কৰে। এই সন্মিলনত সকলো সদস্য ৰাষ্ট্ৰই তেওঁলোকৰ ৰাষ্ট্ৰীয় আইন আৰু নীতিসমূহক লিংগ নিৰ্বিশেষে সকলো শ্ৰমিকক সমান পাৰিশ্ৰমিক নিশ্চিত কৰাৰ দিশত নিৰ্দেশ দিব লাগিব। এই সন্মিলনৰ অনুপালন নিশ্চিত কৰাৰ প্ৰচেষ্টাত আৰু ভাৰতত মহিলাৰ স্থিতি সম্পৰ্কীয় সমিতিৰ প্ৰতিবেদনৰ উত্তৰত চৰকাৰে সমান পাৰিশ্ৰমিক আইন প্ৰণয়ন কৰে। সমান পাৰিশ্ৰমিক আইন, ১৯৭৬ ১৯৭৬ চনত পুৰুষ আৰু মহিলা শ্ৰমিকসকলক সমান পাৰিশ্ৰমিক প্ৰদান কৰা আৰু নিযুক্তি আৰু নিযুক্তিৰ সুযোগ সম্পৰ্কীয় সকলো বিষয়ত লিংগৰ আধাৰত বৈষম্য প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে সমান পাৰিশ্ৰমিক আইন গৃহীত কৰা হৈছিল। এই আইনখনে মহিলাসকলক কেৱল সমান দৰমহা দাবী কৰাৰ অধিকাৰ প্ৰদান নকৰে, ইয়াৰ লগতে নিযুক্তি প্ৰক্ৰিয়া, চাকৰিৰ প্ৰশিক্ষণ, পদোন্নতি আৰু সংগঠনৰ ভিতৰত স্থানান্তৰৰ সন্দৰ্ভত যিকোনো বৈষম্যক এই আইনৰ অধীনত প্ৰত্যাহ্বান জনাব পাৰি। অৱশ্যে ইয়াৰ পৰিসৰ এনে পৰিস্থিতিলৈ প্ৰসাৰিত নহয় য'ত: (১) এগৰাকী মহিলাই মহিলাসকলক বিশেষ ব্যৱহাৰ প্ৰদান কৰা আইনৰ প্ৰয়োজনীয়তা পালন কৰিবলৈ চেষ্টা কৰি আছে; আৰু (২) এগৰাকী মহিলাক সন্তানৰ জন্ম, বা অৱসৰ, বিবাহ বা মৃত্যু সম্পৰ্কীয় চৰ্তাৱলী আৰু নিয়মাৱলীৰ বাবে বিশেষ ব্যৱহাৰ কৰা হৈছে। এই আইনৰ অধীনত নিৰ্ধাৰিত মানদণ্ড বজাই ৰাখিবলৈ কোম্পানী আৰু ব্যক্তিগত নিয়োগকৰ্তা দুয়োকে দায়বদ্ধ কৰিব পাৰি। বিভিন্ন ক্ষেত্ৰত ভাৰতৰ উচ্চতম ন্যায়ালয়েও কৈছে যে লিংগৰ ভিত্তিত বৈষম্য কেৱল তেতিয়াহে উদ্ভৱ হয় যেতিয়া পুৰুষ আৰু মহিলাই একে ধৰণৰ কাম কৰে। অৱশ্যে ই স্পষ্ট কৰিছিল যে প্ৰকৃততে কামৰ এটা অংশ হিচাপে সম্পাদন কৰা কৰ্তব্যবোৰ বিবেচনা কৰি কোন প্ৰকাৰৰ কাম একে হ'ব পাৰে সিদ্ধান্ত লোৱাৰ সময়ত এক নমনীয় দৃষ্টিভংগী লোৱা প্ৰয়োজন আৰু সম্ভাৱ্যভাৱে সম্পাদন কৰিবলৈ সক্ষম কৰ্তব্যবোৰ নহয়। সাংবিধানিক সুৰক্ষা ৰাজ্যিক নীতিৰ নিৰ্দেশাত্মক নীতিৰ অংশ হিচাপে সংবিধানৰ অনুচ্ছেদ ৩৯ৰ জৰিয়তে ভাৰতৰ সংবিধানত ধাৰণা কৰা হৈছে যে সকলো ৰাজ্যই পুৰুষ আৰু মহিলা দুয়োৰে বাবে সমান কামৰ বাবে সমান দৰমহা প্ৰাপ্ত কৰাৰ দিশত তেওঁলোকৰ নীতিক আদৰ্শভাৱে নিৰ্দেশিত কৰে আৰু লগতে পুৰুষ আৰু মহিলাৰ জীৱিকাৰ পৰ্যাপ্ত উপায়ৰ অধিকাৰ নিশ্চিত কৰে। যদিও এই নিৰ্দেশনা নীতিবোৰ কোনো আদালতৰ দ্বাৰা প্ৰযোজ্য নহয়, সেইবোৰ দেশৰ শাসনৰ বাবে গুৰুত্বপূৰ্ণ আৰু এখন ৰাজ্যয়ে আইন প্ৰণয়ন কৰোঁতে সেইবোৰ বিবেচনা কৰিবলৈ বাধ্য। যদিও "সমান কামৰ বাবে সমান দৰমহা" স্পষ্টভাৱে এক সাংবিধানিক অধিকাৰ নহয়, ইয়াক অনুচ্ছেদ ১৪, ১৫ আৰু ১৬ৰ ব্যাখ্যাৰ জৰিয়তে উপস্থাপন কৰিব পাৰি। এই অনুচ্ছেদ কেইটায়ে আইনৰ সন্মুখত সমতা, বৈষম্যৰ বিৰুদ্ধে সুৰক্ষা আৰু ৰাজহুৱা নিযুক্তিৰ ক্ষেত্ৰত সুযোগৰ সমতাৰ নিশ্চয়তা দিয়ে। ভাৰতৰ উচ্চতম ন্যায়ালয়েও ইয়াক এক সাংবিধানিক লক্ষ্য বুলি ঘোষণা কৰিছে। এয়া প্ৰতিজন ব্যক্তিৰ বাবে উপলব্ধ আৰু অনুচ্ছেদ ১৪ৰ পৰা ১৬ত নিৰ্ধাৰিত তেওঁলোকৰ মৌলিক অধিকাৰ প্ৰৱৰ্তনৰ জৰিয়তে প্ৰাপ্ত কৰিবলৈ সক্ষম। উচ্চতম ন্যায়ালয়ৰ এক জনপ্ৰিয় সিদ্ধান্তত এয়াৰ ইণ্ডিয়াৰ এয়াৰ-হোষ্টেছসকলৰ নিযুক্তিৰ চৰ্তসমূহক প্ৰত্যাহ্বান জনোৱা হৈছিল। নিযুক্তিৰ চৰ্তাৱলীঅনুসৰি মহিলাসকলৰ বাধ্যতামূলক অৱসৰৰ প্ৰয়োজন আছিল: (১) ৩৩ বছৰ বয়সৰ পিছত; (২) যদি তেওঁলোক চাকৰিৰ চাৰি বছৰৰ ভিতৰত বিবাহপাশত আৱদ্ধ হয়; বা (৩) তেওঁলোকৰ প্ৰথম গৰ্ভধাৰণৰ পিছত। অৱশ্যে আদালতে এই ব্যৱস্থাসমূহ বাতিল কৰে আৰু সংবিধানৰ ১৪, ১৫ আৰু ১৬ অনুচ্ছেদ উলংঘা কৰাৰ বাবে সেইবোৰক স্বেচ্ছাচাৰী আৰু বৈষম্যমূলক বুলি ধৰি ৰাখে। আনুষঙ্গিক আইন যদিও প্ৰসূতি লাভালাভ আইন, ১৯৬১ আৰু কাৰখানা আইন, ১৯৪৮ৰ দৰে আইনে সমান কামৰ বাবে সমান দৰমহাৰ বিষয়টো পোনপটীয়াকৈ সমাধান নকৰে সেইবোৰে এগৰাকী মহিলাই দাবী কৰিব পৰা কিছুমান অতিৰিক্ত লাভালাভ প্ৰদান কৰে। দহজনতকৈ অধিক কৰ্মচাৰী থকা সকলো প্ৰতিষ্ঠানৰ বাবে মাতৃত্বকালীন লাভালাভ আইন প্ৰযোজ্য। অৱশ্যে যিবোৰ ৰাজ্যত কৰ্মচাৰী ৰাজ্য বীমা আইন প্ৰযোজ্য হয়, নিয়োগকৰ্তাৰ মাতৃত্বকালীন লাভালাভ আইনৰ অধীনত আৰু কোনো দায়বদ্ধতা নাই। এই আইনৰ অধীনত, এগৰাকী গৰ্ভৱতী মহিলা কৰ্মীয়ে ২৬ সপ্তাহৰ সম্পূৰ্ণ বেতনৰ মাতৃত্বকালীন ছুটি আৰু গৰ্ভপাত বা গৰ্ভধাৰণ সমাপ্তিৰ ক্ষেত্ৰত ছয় সপ্তাহৰ ছুটি লাভ কৰে। গৰ্ভৱতী মহিলাসকলৰ শাৰীৰিকভাৱে কষ্টকৰ কাম নকৰাৰ অধিকাৰ আছে। যিবোৰ কামে তেওঁলোকৰ গৰ্ভধাৰণ প্ৰভাৱিত কৰিব পাৰে তেনে কাম কৰাৰ পৰা বিৰত থাকিলেও তেওঁলোকৰ মজুৰিৰ পৰা কোনো কৰ্তন কৰিব নোৱাৰি। ইয়াৰ উপৰিও, কাৰখানা আইন অনুসৰি, নিয়োগকৰ্তাসকলে ৩০ গৰাকীতকৈ অধিক মহিলাক নিযুক্তি দিয়া সকলো কৰ্মক্ষেত্ৰত ৬ বছৰৰ তলৰ শিশুৰ যত্ন প্ৰদান কৰিব লাগিব। পৰিসংখ্যা সমগ্ৰ ভাৰতীয় ৰাজ্যত লিংগ অনুসৰি মজুৰি ব্যৱধান পৃথক পৃথক আৰু নিম্নলিখিত ৰাজ্যবোৰত সৰ্বাধিক: আনহাতে উত্তৰাখণ্ড লিংগ অনুসৰি দৰমহাৰ ব্যৱধানৰ সৰ্বনিম্ন শতাংশ থকা ৰাজ্য। ইয়াত মহিলাসকলে পুৰুষতকৈ মাত্ৰ ৯% কম উপাৰ্জন কৰে। তাৰপিছত পঞ্জাব আৰু উত্তৰ প্ৰদেশ কম লিংগ দৰমহাৰ ব্যৱধান থকা ৰাজ্য। এই দুখন ৰাজ্যত মহিলাৰ উপাৰ্জন ক্ৰমান্বয়ে ১০% আৰু ১৫%ৰ সৈতে অনুসৰণ কৰা হয়। প্ৰভাৱ গৱেষণাই পৰামৰ্শ দিয়ে যে যেতিয়া দেশবোৰে মহিলা শ্ৰমিকৰ অংশগ্ৰহণৰ হাৰ বৃদ্ধি কৰিবলৈ সক্ষম হয়, ই সমগ্ৰ অৰ্থনীতিক লাভান্বিত কৰিবলৈ সক্ষম। সম্ভাব্য জিডিপি বৃদ্ধিৰ উপৰিও মহিলাসকলৰ বাবে সমান নিযুক্তিৰ সুযোগৰ ফলত ব্যক্তিগত খণ্ডৰ বৃদ্ধি আৰু লাভজনকতা বৃদ্ধি হ'ব পাৰে। যিবোৰ দেশত জনসংখ্যা দ্ৰুতগতিত বৃদ্ধ হৈ গৈ আছে তেনে দেশত মহিলা শ্ৰমিকৰ অংশগ্ৰহণৰ হাৰ বৃদ্ধিয়ে হ্ৰাস হোৱা কৰ্মশক্তিৰ নেতিবাচক প্ৰভাৱবোৰ পূৰণ কৰাত সহায় কৰিব। এইটোও মন কৰিবলগীয়া যে ভাৰতৰ মহিলাসকলে ঘৰুৱা কৰ্তব্য বা যত্নৰ কামৰ জৰিয়তে অবৈতনিক খণ্ডত শ্ৰমৰ পৰিমাণৰ ৯.৮ গুণ প্ৰদৰ্শন কৰে। যদি এই কাম জোখা হয় আৰু মূল্য পৰিশোধ কৰা হয়, তেন্তে মেকিনছে অনুমান কৰিছিল যে ই ভাৰতৰ মুঠ অৰ্থনৈতিক উৎপাদনত ০.৩ ট্ৰিলিয়ন আমেৰিকান ডলাৰ অৰিহণা যোগাব। তথ্য উৎস ভাৰতৰ অৰ্থনীতি লিংগ
65104
https://as.wikipedia.org/wiki/%E0%A6%89%E0%A6%AA%E0%A6%AD%E0%A7%8B%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BE%20%E0%A6%86%E0%A6%9A%E0%A7%B0%E0%A6%A3%20%E0%A6%A4%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AC
উপভোক্তা আচৰণ তত্ত্ব
উপভোক্তা তত্ত্ব, উপভোক্তা আচৰণ তত্ত্ব বা গ্ৰাহক তত্ত্ব ব্যষ্টিবাদী অৰ্থনীতিৰ এটি ভাগ য'ত উপভোক্তাই গ্ৰহণ কৰা সিদ্ধান্ত অধ্যয়ন কৰা হয় আৰু বুজোৱা হয়। উপভোক্তা তত্ত্ব ব্যস্তিবাদী অৰ্থনীতিৰ এটি অতিকৈ কেন্দ্ৰীয় ভাগ। পৰম্পৰাগতভাৱে অৰ্থনীতিত উপভোক্তা এজনক "তৰ্কসংগত" বা "ৰেচনেল" মানি লোৱা হয়। ইয়াৰ অৰ্থ কেৱল এয়া যে উপভোক্তা এজনে নিজৰ আটাইতকৈ পচন্দৰ টোপোলা ক্ৰয় কৰে। পচন্দসমূহ এনে যে যিকোনো দুটা টোপোলাৰ নাইবা এটি আনটোতকৈ অধিক পচন্দৰ (এটিক আনটোতকৈ অগ্ৰাধিকাৰ প্ৰদান কৰা হয়), বা দুয়োটা সমানে পচন্দ (উপভোক্তা নিৰপেক্ষ)। তদুপৰি, যদি 'ক'তকৈ 'খ'ক অগ্ৰাধিকাৰ দিয়া হয় আৰু 'খ'তকৈ 'গ’ক অগ্ৰাধিকাৰ দিয়া হয়, তেন্তে 'ক'তকৈ 'গ'ক অগ্ৰাধিকাৰ দিয়া হয়। উপভোক্তাৰ পচন্দ (অগ্ৰাধিকাৰ) উপভোক্তাৰ পচন্দসমূহক 'তৰ্কসংগত' গণ্য কৰা হয়। তাৰ অৰ্থ এয়া যে উপভোক্তা এজনে নিজৰ আতাইতকৈ পচন্দৰ টোপোলা ক্ৰয় কৰে বা সেই টোপোলাক অগ্ৰাধিকাৰ দিয়ে। পচন্দসমূহ এনে যে যিকোনো দুটা টোপোলাৰ নাইবা এটি আনটোতকৈ অধিক পচন্দৰ (এটি টোপোলাক অগ্ৰাধিকাৰ দিয়া হয়), বা দুয়োটা সমানে পচন্দ। তদুপৰি, যদি 'ক'তকৈ 'খ'ক অগ্ৰাধিকাৰ দিয়া হয় আৰু 'খ'তকৈ 'গ’ক অগ্ৰাধিকাৰ দিয়া হয়, তেন্তে 'ক'তকৈ 'গ'ক অগ্ৰাধিকাৰ দিয়া হয়। গাণিতিকভাৱে, যদি উপভোক্তাৰ সকলো বিকল্পৰ সংহতি, তেন্তে উপভোক্তাজনে তাৰ কোনো উপসংহতি -ৰ পৰা সেই সদস্যক চয়ন কৰিব যি আন সদস্যসমূহৰ সৈতে এনেধৰণে জড়িত- যাতে বা (সম্পূৰ্ণতা) আৰু (সংক্ৰামিতা)। হ’ল উপভোক্তাজনৰ অগ্ৰাধিকাৰ সম্বন্ধ। আন কিছু সম্বন্ধ উপভোক্তাৰ ব্যৱহাৰৰ অধ্যয়নত কিছু বিশেষ সম্বন্ধৰ জ্ঞান সহায়ক। কঠোৰ অগ্ৰাধিকাৰ সম্বন্ধ ক সংজ্ঞায়িত কৰা হয় এনেদৰে: ঠিক তেনেদৰে, উদাসীনতা সম্বন্ধ ক সংজ্ঞায়িত কৰা হৈছে এনেদৰে: কোনো বাণ্ডল ৰ বাবে, আৰু ঠিক তেনেদৰে, প্ৰথমটো উদাসীনতা সংহতি বা উদাসীনতা বক্ৰ, দ্বিতীয়টো কঠোৰ পচন্দ সংহতি আৰু তৃতীয়টো দুৰ্বল পচন্দৰ সংহতি। আন কিছু গুণাগুণ তৰ্কসংগতিৰ উপৰিও, উপভোক্তাৰ অগ্ৰাধিকাৰ সম্বধই সাধাৰণতে আন কিছু চৰ্তও পূৰ্ণ কৰা বুলি ধৰি লোৱা হয়। তেনে কৰিবলৈ উপভোক্তাৰ বিকল্প সংহতিক গণ্য কৰা হয়, য'ত হ'ল বজাৰত উপলব্ধ পণ্যৰ সংখ্যা। এই সংহতিৰ প্ৰত্যেক সদস্যই এটি টোপোলা। উদাহৰণস্বৰূপে, যদি বজাৰত কেৱল তিনিটা পণ্য উপলব্ধ- গাখীৰ (লিটাৰত জোখা), তেল (লিটাৰত জোখা) আৰু কলম, তেন্তে- বিকল্প সংহতি হ'ল এই সংহতিৰ সদস্য (৫, ৭, ২)য়ে সেই টোপোলা সূচায় য'ত ৫ লিটাৰ গাখীৰ, ৭ লিটাৰ তেল আৰু ২টা কলম আছে। সদস্য (০, ১০, ০)ত সেই টোপোলা সূচায় য'ত কেৱল ১০ লিটাৰ তেল আছে। আন কেইটামান সংহতি হ’ল- যদি তেন্তে সকলো এনে সদস্যৰ সংহতি যাক উপভোক্তাজনে অন্ততঃ ৰ সমান বা তাতকৈ অধিক অগ্ৰাধিকাৰ প্ৰদান কৰে। এনে সকলো সদস্যৰ সংহতি অন্ততঃ যাতকৈ ক সমানে বা অধিক অগ্ৰাধিকাৰ প্ৰদান কৰা হয়। এতিয়া আমি উপৰঞ্চি চৰ্তকেইটা আলোচনা কৰিব পাৰোঁ- সংৰক্ষণ: আৰু উভয়েই ত একো একোটা বদ্ধ সংহতি। ইয়াৰ অৰ্থ হ'ল উপভোক্তাৰ পচন্দ হঠাৎ পৰিৱৰ্তিত নহয়। কঠোৰ একদিষ্টতা: য'ত ৰ অৰ্থ অৰ্থাৎ পণ্যৰ পৰিমাণক সদায় এনেদৰে পৰিভাষিত কৰিব পৰা যায় যাতে পণ্যটো অধিক উপভোগ কৰাটো উপভোক্তাই অধিক পচন্দ কৰে। যেনে, যদি উপভোক্তা এজনে প্ৰদূষিত বায়ু লৈ বেয়া পায়, তেন্তে প্ৰদূষিত বায়ুৰ ঠাইত "প্ৰদূষিত বায়ুৰ অভাৱ"ক পণ্য আখ্যা দি অৰ্থনৈতিক বিশ্লেষণ কৰিব পৰা যায়। কঠোৰ উত্তলতা: অৰ্থাৎ, উপভোক্তাই বিবিধতাৰ অভাৱতকৈ বিবিধতাক অধিক পচন্দ কৰে (অগ্ৰাধিকাৰ দিয়ে)। উপযোগিতা 'উপযোগিতা'ৰ ধাৰণা ঊনবিংশ শতিকাৰ অনেক অৰ্থনীতিবিদ আৰু উপযোগিতাবাদী দাৰ্শনিকে সমৰ্থন কৰিছিল। বেন্থাম আৰু জন মিলৰ দৰে প্ৰভাৱশালী দাৰ্শনিক তথা নব্য-ধ্ৰুপদী অৰ্থনীতিৰ সৈতে জড়িত অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্চেল আদিয়ে ভাবিছিল যে মানুহে কৰ্ম কৰে 'উপযোগিতা'ৰ বাবে- মই মিঠাই খাওঁ কাৰণ ই মোৰ সোৱাদ লোৱাৰ হেঁপাহ পূৰ্ণ কৰাত উপযোগী, দূৰদৰ্শন ব্যৱহাৰ কৰোঁ কাৰণ ই মোক মনোৰঞ্জন আৰু জ্ঞান দিয়াত উপযোগী, কোনোৱে মোবাইলত খেল খেলে কাৰণ ই তেওঁক মনোৰঞ্জন দিয়াত উপযোগী ইত্যাদি। আমি যদি দুটি বিকল্পৰ এটাহে চয়ন কৰাৰ সমৰ্থ, তেন্তে আমি সেই বিকল্পকে চয়ন কৰোঁ যি অধিক উপযোগী। তেওঁলোকে ভাবিছিল যে উপযোগিতা ভৰ, বেগ বা দৈৰ্ঘ্যৰ দৰে এক মাত্ৰা আৰু যে ইয়াক ভৱিষ্যতে জুখিব পৰা যাব। কিন্তু বিংশ শতিকাৰ প্ৰথমাৰ্ধত অৰ্থনীতিবিদসকলে উপযোগিতাৰ এই ধাৰণাক নাকচ কৰিলে। যুক্তি দিয়া হ'ল যে কোনো দুজন ব্যক্তিয়ে কোনো বস্তুৰ পৰা লাভ কৰা উপযোগিতা তুলনা কৰিব পৰা নাযায়- যদি উপযোগিতাক জুখিব পৰা যায়, তেন্তে এনে নহ'লহেঁতেন। সেয়ে উপযোগিতা বাস্তৱত অস্তিত্বহীন- ই মাথোঁ কোনো ব্যক্তিৰ পচন্দৰ প্ৰতিফলনহে হ'ব পাৰে, কিন্তু বেগ বা দৈৰ্ঘ্যৰ দৰে জুখিব পৰা বাস্তৱ মাপদণ্ড হ'ব নোৱাৰে। বৰ্তমানে অৰ্থনীতিবিদসকলে উপযোগিতাক কোনো উপভোক্তাৰ অগ্ৰাধিকাৰ সম্বন্ধ প্ৰতিফলিত কৰা এক গাণিতিক সঁজুলিহে গণ্য কৰে। পিচে যদিও এই সঁজুলি কাল্পনিক, ই গাণিতিক বিশ্লেষণত অতিকৈ সহায়ক, কাৰণ ই আমাক কলন গণিত ব্যৱহাৰ কৰাৰ সুযোগ প্ৰদান কৰে আৰু কলন গণিতৰ ব্যৱহাৰ সাধাৰণতে প্ৰত্যক্ষভাৱে পচন্দ সম্বন্ধ অধ্যয়ন কৰাতকৈ সহজ গণ্য কৰা হয়। উপযোগিতা ফলনক এনেদৰে সংজ্ঞায়িত কৰা হয়- যিকোনো ফলন উপভোক্তাৰ অগ্ৰাধিকাৰ সম্বন্ধ ক প্ৰতিফলিত কৰা এটি উপযোগিতা ফলন যদিহে, এই কথা প্ৰমাণিত কৰিব পৰা যায় যে যদি উপভোক্তাৰ অগ্ৰাধিকাৰ সম্বন্ধ যুক্তিসংগত আৰু সংৰক্ষিত, তেন্তে সেই অগ্ৰাধিকাৰ সম্বন্ধক প্ৰতিফলিত কৰা অন্ততঃ এটি নিৰন্তৰ উপযোগিতা ফলন আছে। যিহেতু উপযোগিতা ফলনে কেৱল অগ্ৰাধিকাৰৰ দিশহে নিৰ্ণয় কৰে, মাত্ৰা নহয়, সেয়ে যদি এটি উপযোগিতা ফলন আৰু তেন্তে ও এ প্ৰতিফলিত কৰা অগ্ৰাধিকাৰ সম্বন্ধক প্ৰতিফলিত কৰা অন্য এক উপযোগিতা ফলন। এই কথাক সহজে প্ৰমাণ কৰিব পৰা যায়- সেয়েহে উপভোক্তাৰ সমস্যাক এনেদৰেও প্ৰকাশ কৰিব পৰা যায়- প্ৰান্তিক উপযোগিতা আৰু প্ৰান্তিক প্ৰতিস্থাপনৰ দৰ যদি উপযোগিতা অৱকলন কৰিব পৰা যায়, তেন্তে উপযোগিতাৰ আংশিক অৱকলনেৰে আমি পাওঁ প্ৰান্তিক উপযোগিতা। উপভোক্তাৰ ক্ৰয় কৰাৰ ক্ষমতা যদিও প্ৰত্যেক উপভোক্তাৰ অগ্ৰাধিকাৰ সম্বন্ধ সমগ্ৰ চয়ন সংহতিত সংজ্ঞায়িত, যিকোনো সময়ত উপভোক্তাই চয়ন সংহতিৰ কোনো বিশেষ উপসংহতিৰ পৰাহে টোপোলা চয়ন কৰিব পাৰে। এই উপসংহতিক বাজেত সংহতি বোলা হয়। যদিও বিভিন্ন সামাজিক আৰু প্ৰাকৃতিক পৰিস্থিতিয়ে এই কথা নিৰ্ণয় কৰে যে কোনো ক্ষণত এগৰাকী উপভোক্তাই কি ক্ৰয় কৰাৰ ক্ষমতা ৰাখে, আৰু অৰ্থনীতিবিদসকলে বাস্তৱত বিভিন্ন নীতি প্ৰস্তুত কৰোঁতে তথা বিশ্লেষণ কৰোঁতে সেই পৰিস্থিতিসমূহকো স্থান দিয়ে, সাধাৰণ অৰ্থনৈতিক সূত্ৰত সাধাৰণতে "ৱালৰাছিয়ান বাজেট সংহতি"ক অধিক অধ্যয়ন কৰা হয়। এই সংহতি ঊনবিংশ শতিকাৰ অৰ্থনীতিবিদ লিয়ন ৱালৰাছৰ নামেৰে নামাংকিত। ৱালৰাছিয়ান বাজেট সংহতি সাধাৰণতে তেতিয়া প্ৰযোজ্য যেতিয়া উপভোক্তাই বজাৰৰ পৰা ক্ৰয় কৰি টোপোলা চয়ন কৰে। পিচে বজাৰৰ বাহিৰেও আন আন পৰিস্থিতিত ৱালৰাছিয়ান বাজেট সংহতিক ব্যৱহাৰ কৰিব পৰা যায়। তলত ৱালৰাছিয়ান বাজেট সংহতিৰ সংজ্ঞা প্ৰদান কৰা হৈছে, হৈছে মূল্য সদিশ, হৈছে পণ্য ৰ মূল্য। উপভোক্তাৰ ওচৰত উপলব্ধ আয়। ৱালৰাছিয়ান বাজেট সংহতিয়ে কেৱল এই কথা সুনিশ্চিত কৰে যে কোনো উপভোক্তাই নিজৰ আয়তকৈ অধিক ব্যয় কৰিব নোৱাৰে। ইয়াৰ অৰ্থ এয়া নহয় যে উপভোক্তাই ঋণ ল'ব নোৱাৰে, কাৰণ ৱালৰাছিয়ান বাজেট সংহতিত গণ্য কৰা আয় কোনো ব্যক্তিয়ে আজীৱন লাভ কৰা আয় (সঠিকভাৱে তাৰ বৰ্তমানৰ মূল্য)। উপভোক্তাৰ বাছনি সমস্যা আৰু সাম্যাৱস্থা উপযুক্ত চৰ্তসমূহ পূৰ্ণ হ'লে, যিকোনো উপভোক্তাই তলত দিয়া বাছনি সমস্যাৰ সন্মুখীন হয়: ইয়াৰ অৰ্থ হ'ল উপভোক্তাই যিকোনো নিৰ্ণয় গ্ৰহণ কৰোঁতে এই কথা মনত ৰাখে, যে তেওঁ ক্ৰয় কৰিব পৰা আটাইতকৈ পচন্দৰ টোপোলা কোনটো। ৱেইষ্ট্ৰাছৰ উপপাদ্যৰ বাবে, যদি উপভোক্তাৰ পচন্দ যুক্তিসংগত আৰু সংৰক্ষিত আৰু যদি বাজেট সংহতি বদ্ধ আৰু পৰিবদ্ধ, তেন্তে উপভোক্তাৰ সমস্যাৰ সমাধান থাকেই। যেতিয়া উপভোক্তাই নিজৰ সমস্যা সমাধান কৰে (ক্ৰয় কৰিব পৰা টোপোলাসমূহৰ আটাইতকৈ অধিক অগ্ৰাধিকাৰ দিয়া টোপোলা চয়ন কৰে), উপভোক্তাই 'সাম্যাৱস্থা' লাভ কৰা বুলি কোৱা হয়। যিহেতু ৱালৰাছিয়ান বাজেট সংহতি বদ্ধ আৰু পৰিবদ্ধ, ৱালৰাছিয়ান বাজেট সংহতিৰ সন্মুখীন উপভোক্তাই সাম্যাৱস্থা লাভ কৰে। তদুপৰি, যদি উপভোক্তাৰ অগ্ৰাধিকাৰ সম্বন্ধ কঠোৰভাৱে একদিষ্ট আৰু কঠোৰভাৱে উত্তলো হয়, তেন্তে যিকোনো বদ্ধ আৰু পৰিবদ্ধ বাজেট সংহতিত কেৱল এটিহে এনে টোপোলা থাকিব যাক বাজেট সংহতিৰ আন প্ৰত্যেক টোপোলাতকৈ কগ্ৰাধিকাৰ দিয়া হয়। লগতে চাওক নাশ্ব সাম্যাৱস্থা ৱালৰাছৰ বিধান মাৰ্চেলিয়ান চাহিদা ফলন কল্যাণ অৰ্থনীতিৰ মৌলিক উপপাদ্য উৎপাদকৰ আচৰণৰ তত্ত্ব ৰয়ৰ সমীকৰণ তথ্য সংগ্ৰহ
40125
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A7%B0
কৰ
কৰ হৈছে কোনো ব্যক্তি অথবা প্ৰতিষ্ঠানৰ ওপৰত দেশৰ প্ৰশাসনে আৰোপ কৰা এক বিত্তীয় ব্যয়ৰ ভাৰ। কৰ মূলতঃ দেশৰ সৰ্বজনীন কাৰ্যসমূহত ব্যয় কৰিবলৈ আৰোপ কৰা হয়। লেটিন ভাষাৰ শব্দ টেক্স’ৰ পৰা কৰৰ ইংৰাজী প্ৰতিশব্দ টেক্সৰ উদ্ভৱ হৈছে। কৰ পৰিশোধ কৰাত অপাৰগ হোৱা আৰু কৰ ফাঁকি দিয়া কাৰ্য আইনমতে দণ্ডণীয়। বিভিন্ন প্ৰশাসনিক খণ্ডৰ যোগেদি কৰ আৰোপ কৰা হয়। কৰক মূলতঃ দুই ধৰণে ভগাব পাৰি: প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰ। কৰসমূহ মুদ্ৰা নাইবা সমপৰিমাণৰ শ্ৰমৰ যোগেদি পৰিশোধ কৰা হয়। খুবেই কমসংখ্যক দেশ যেনে সংযুক্ত আৰৱ ৰাষ্ট্ৰ আৰু মোনাকো আদিয়েহে কোনো কৰ আৰোপ নকৰে। আধুনিক কৰ ব্যৱস্থাত মুদ্ৰা বা ধনৰাশিৰ ওপৰত কৰ আৰোপ কৰা হয়। উদ্দেশ্য আৰু প্ৰভাৱ কৰৰ যোগেদি সংগ্ৰহ কৰা ধন আইন-শৃংখলা প্ৰণয়ন, সম্পত্তিৰ সুৰক্ষা, অৰ্থনৈতিক আন্তঃগাঁঠনি, সামাজিক কাম-কাজ, চৰকাৰ পৰিচালনা, যুদ্ধ বা সুৰক্ষা ইত্যাদি কাৰ্যত ব্যৱহাৰ কৰা হয়। এই কৰৰ কিছু অংশ ৰাষ্ট্ৰখনৰ দেনা আৰু দেনাৰ ওপৰত সুতৰ পৰিশোধ কৰোঁতে ব্যৱহৃত হয়। সমাজ কল্যাণ আৰু সমাজসেৱাতো চৰকাৰে কৰৰ কিছু অংশ ব্যয় কৰে। শিক্ষা, স্বাস্থ্য, বৃদ্ধলোকৰ পেঞ্চন, নিবনুৱা ভাট্টা, যাতায়ত, বিদ্যুৎ যোগান, পানী যোগান আদি এই দুই শিতানৰ অন্তৰ্ভুক্ত। সৰহসংখ্যক অৰ্থনীতিবিদৰ মতে কৰ ব্যৱস্থাই বিকৃত বজাৰৰ সৃষ্টি কৰে আৰু ইয়াৰ ফলত অৰ্থনৈতিক অসমতুলতাৰ উদ্ভৱ হয়। সেয়ে অৰ্থনীতিবিদসকলে একেবাৰে কম পৰিমাণৰ বিকৃতিৰ সৃষ্টি কৰিব পৰা কৰ ব্যৱস্থা এটা চিনাক্ত কৰাত গুৰুত্ব আৰোপ কৰিছে। কৰৰ বিভিন্ন প্ৰকাৰসমূহ আয়কৰ একোজন ব্যক্তি বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ আয়ৰ ওপৰত আৰোপ কৰা কৰক আয়কৰ বোলে। ভাৰতীয় আয়কৰ আইন ১৯৬১ অনুসৰি কোনো ব্যক্তি বা ব্যৱসায় প্ৰতিষ্ঠানৰ আয়সমূহ নিম্নলিখিত ধৰণে ভাগ কৰি ইয়াৰ ওপৰত কৰ আৰোপ কৰা হয়। কৰ্মচাৰীৰ দৰমহা বা বেতনৰ পৰা হোৱা আয় ঘৰ-সম্পত্তিৰ পৰা হোৱা আয় ব্যৱসায় আৰু পেছা অপৌনঃপুনিক লাভ অন্যান্য শিতানত হোৱা আয় ঋণাত্মক আয়কৰ অৰ্থনীতিত ঋণাত্মক আয়কৰ হৈছে এনে এক ব্যৱস্থা য’ত এক নিৰ্দিষ্ট পৰিমাণতকৈ কম আয় কৰা লোকক চৰকাৰে উপৰঞ্চি ধনৰাশি প্ৰদান কৰে। অপুনঃপৌনিক লাভৰ কৰ প্ৰায়বোৰ প্ৰশাসনিক ব্যৱস্থাই অপৌনঃপুনিক লাভ, অৰ্থাৎ স্থাৱৰ সম্পত্তিৰ বিক্ৰীৰ পৰা হোৱা লাভৰ ওপৰত কৰ আৰোপ কৰে। কৰ্প’ৰেট কৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা কৰক কৰ্প’ৰেট বা বণিক খণ্ডৰ কৰ বোলা হয়। সামাজিক সুৰক্ষা অনুদান কোনো কোনো দেশৰ চৰকাৰে জনগণৰ পৰা আহৰণ কৰা পুঁজিৰে অৱসৰ বা স্বাস্থ্য খণ্ডৰ সুবিধাসমূহ প্ৰদান কৰে। েই সন্দৰ্ভত নিয়োগকাৰী আৰু/বা নিয়োজিত লোকসকলৰ বাধ্যতামূলক বৰঙনিৰ প্ৰয়োজন হয়। এই বৰঙনিসমূহ প্ৰায়বোৰ ক্ষেত্ৰতে বেতন বা স্ব-নিয়োজনৰ পৰা আৰ্জিত পুঁজিৰ ওপৰত ধাৰ্য কৰা হয়। বৰঙনিৰ হাৰ সাধাৰণতে নিৰ্ধাৰিত হয় যদিও নিয়োগকৰ্তা আৰু নিয়োজিত লোকৰ ওপৰত ভিন্ন হাৰ প্ৰযোজ্য হ’ব পাৰে। সম্পত্তি কৰ স্থাৱৰ সম্পত্তি আৰু কিছু প্ৰকাৰৰ অস্থাৱৰ সম্পত্তিৰ ওপৰতো কৰ আৰোপ কৰা হয়। বিভিন্ন প্ৰশাসনিয় ব্যৱস্থাই উত্তৰাধিকাৰ বা উপহাৰ স্বৰূপে হস্তান্তৰ কৰা সম্পত্তিৰ ওপৰত কৰ আৰোপ কৰে। ভূমিৰ বৰ্দ্ধিত নোহোৱা মূল্যৰ ওপৰতো সম্পত্তি কৰ আৰোপ কৰা হয়। বহু ঠাইত ব্যক্তিগত সম্পত্তি ধাৰণ কৰা নাগৰিকসকলৰ ওপৰত কৰ আৰোপ কৰা হয়। বাহন আৰু নাৱৰ পঞ্জীয়ন ফিজ এনে কৰৰ অন্তৰ্ভুক্ত। ঘৰুৱাভাৱে ব্যৱহাৰ্য সামগ্ৰীসমূহক প্ৰায় ক্ষেত্ৰতে কৰৰ পৰা ৰেহাই দিয়া হয়। সামগ্ৰী আৰু সেৱা কৰ ভেল্যু এডেড টেক্স বা ভেট ভেল্যু এডেড টেক্স বা ভেট ব্যৱসায়িক ক্ষেত্ৰখনত প্ৰযোজ্য হয়। এই ব্যৱস্থাত কোনো এক সামগ্ৰী অথবা সেৱাৰ মূল্য বৃদ্ধি কৰা প্ৰতিটো পৰ্যায়তে পৰ্যায়টোৰ সৈতে জড়িত ব্যক্তিজনে কৰ পৰিশোধ কৰিব লগা হয়। উদাহৰণস্বৰূপে, উৎপাদনকাৰী লোক এজনে এক যন্ত্ৰ তৈয়াৰ কৰিবৰ বাবে তীখা আমদানি কৰি আনিলে তাৰ ক্ৰয় মূল্যৰ ওপৰত চৰকাৰক ভেট দিব লগা হয়। যন্ত্ৰটো তৈয়াৰ কৰাৰ পিছত তেওঁ পাইকাৰী বিক্ৰেতাক তীখাতকৈ অধিক মূল্যত (কেঁচামাল+নিৰ্মাণ ব্যয়+লভ্যাংশ) যন্ত্ৰটো বিক্ৰী কৰে আৰু পাইকাৰী বিক্ৰেতাজনৰ পৰা ভেট আহৰণ কৰে। ফলত তেওঁ পূৰ্বতে পৰিশোধ কৰা ভেট পাইকাৰী বিক্ৰেতাজনৰ পৰা ঘূৰাই পায়। আকৌ পাইকাৰী বিক্ৰেতাই যন্ত্ৰটো খুচুৰা বিক্ৰেতাক অধিক মূল্যত বিক্ৰী কৰি ভেট আহৰ্ন কৰে আৰু একেদৰে পূৰ্বতে পৰিশোধ কৰা ভেট ঘূৰাই পায়। সৰ্বশেষত গ্ৰাহকজনে যন্ত্ৰটোৰ ওপৰত খুচুৰা বিক্ৰেতাক ভেট দিয়ে যদিও ইয়াক ঘূৰাই পাব নোৱাৰে আৰু ইয়াতেই ভেট চক্ৰটো শেষ হয়। সাধাৰণতে ব্যৱসায়িক প্ৰতিষ্ঠান এটাই আনক পৰিশোধ কৰা ভেট আৰু আনৰ ওপৰত আৰোপ কৰা ভেটৰ প্ৰতিবেদন দাখিল কৰিব লাগে আৰু অতিৰিক্ত ভেট স্থানীয় কৰ আয়োগক পৰিশোধ কৰিব লাগে। বিক্ৰী কৰ গ্ৰাহক বা উপভোগকৰ্তাজনক বিক্ৰী কৰা সামগ্ৰীৰ ওপৰতো কৰ আৰোপ কৰা হয় আৰু ইয়াক বিক্ৰী কৰ বোলা হয়। এই কৰ খুচুৰা ব্যৱসায়ীৰ ক্ষেত্ৰত প্ৰযোজ্য। অন্যান্য কৰ তথ্য সংগ্ৰহ
30085
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A6%BF%20%E0%A6%AD%E0%A6%BF%20%E0%A7%B0%E0%A6%BE%E0%A6%AE%E0%A6%A8
চি ভি ৰামন
চি ভি ৰামন বা চন্দ্ৰশেখৰ ভেংকটাৰামন (১৮৮৮-১৯৭০) আছিল এগৰাকী ভাৰতীয় বিজ্ঞানী। ভাৰতলৈ ন'বেল বঁটাৰ সন্মান কঢ়িয়াই অনা ব্যক্তি সকলৰ ভিতৰত ছাৰ চন্দ্ৰশেখৰ ভেংকটাৰামন অন্যতম। এছিয়াৰ ভিতৰতে ১৯৩০ চনত বিজ্ঞান বিষয়ত ন'বেল বঁটা লাভ কৰা চন্দ্ৰশেখৰ ভেংকটাৰামন আছিল প্ৰথম গৰাকী ব্যক্তি। এই গৰাকী বিশিষ্ট বিজ্ঞানীক ভাৰত চৰকাৰে ১৯৫৪ চনত ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰিছিল। তেওঁ ভাৰত চৰকাৰৰ ডেপুটী একাউণ্টেণ্ট জেনেৰেল পদত কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি পেৰিছ, ৰাছিয়া, হাঙ্গেৰীৰ অকাডেমি অফ ছায়েন্স আদি অনুষ্ঠানে তেওঁক সদস্য হিচাপে লোৱাৰ উপৰিও ইউৰোপ আৰু অনেক ভাৰতীয় বিশ্ববিদ্যালয়ে তেওঁক ডক্টৰেট উপাধিৰে সন্মানিত কৰিছিল। জন্ম আৰু শিক্ষা চন্দ্ৰশেখৰ ভেংকটাৰামনৰ জন্ম হয় ১৮৮৮ চনৰ ৭ নৱেম্বৰত, চেন্নাইৰ (মাদ্ৰাজ, তামিলনাডু) ত্ৰিচিনাপল্লীৰ ওচৰৰ থিৰুভানা ইককেভাল গাঁৱত। পিতৃৰ আঠোটা সন্তানৰ ভিতৰত তেওঁ আছিল দ্বিতীয় সন্তান। প্ৰাথমিক শিক্ষা ৱালটায়াৰৰ পৰা লাভ কৰিছিল। ১১ বছৰ বয়সতে তেও প্ৰৱেশিকা পৰীক্ষা আৰু ১৯০১ চনত তেওঁ ৱালটায়াৰৰ পৰাই আই-এ পৰীক্ষাত উৰ্ত্তীণ হয়। তাৰ পাছত তেওঁ মাদ্ৰাজৰ প্ৰেছিডেন্সী কলেজত ভৰ্তি হৈছিল। আৰু তাৰ পৰাই তেওঁ ১৫ বছৰ বয়সতে স্নাতক আৰু ১৮ বছৰ বয়সত মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত উৰ্ত্তীণ হয়। উল্লেখযোগ্য যে তেওঁ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাত পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰিছিল যদিও চলি প্ৰথা মতে তেওঁ স্নাতক কলা আৰু স্নাতকোত্তৰ কলা বুলিহে লিখিব লগা হৈছিল। কলেজত পঢ়া সময়ৰে পৰা তেওঁ বিজ্ঞান বিষয়ৰ শব্দ, তাপ, আৰু বিদ্যুত বিষয়ক ভালেমান তথ্য উলিয়াছিল। সেয়ে ১৯০৬ চনত তেওঁৰ দি লনদন ফিল'ছফিকেল মেগাজিনত এটা গধুৰ প্ৰবন্ধ প্ৰকাশ কৰি বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছিল। স্নাতকোত্তৰ পৰীক্ষাত উৰ্ত্তীণ হোৱাৰ পাছত তেওঁৰ বিলাতলৈ যোৱাৰ সকলো খৰচ চৰকাৰেই বহন কৰিবলৈ বিচাৰিছিল যদিও তেওঁৰ সেই যাত্ৰা হৈ নুঠিল। তেওঁ সৰ্বভাৰতীয় বিত্ত বিভাগৰ প্ৰতিযোগিতামূলক পৰীক্ষা পাৰদৰ্শিতাৰে অৱত্তীৰ্ণ হৈছিল। তাৰ পাছতেই তেওঁ ভাৰত চৰকাৰৰ ডেপুটী একাউণ্টেণ্ট জেনেৰেল পদত কাৰ্যনিৰ্বাহ কৰিছিল। কৰ্মজীৱন আৰু গবেষণা চন্দ্ৰচেখৰ ভেংকটাৰামনে ১৯০৭ চনৰ পৰা ১৯১৭ চনলৈ তেওঁ চাকৰিৰ দায়িত্বত ৰেঙ্গুন আৰু নাগপুৰত আছিল। ১৯১৭ চনত তেওঁ বিত্তীয় বিভাগৰ চাকৰি এৰি দিলে। সেই সময়তে কলিকতা বিজ্ঞান কলেজ প্ৰতিষ্ঠা হোৱাত, সেই কলেজতে ৰামনে পালিত অধ্যাপক হিচাপে চাকৰিত যোগদান কৰিলে। ভায়লিনৰ তাঁৰৰ ওপৰত ৰমণে দেখুওৱা চমকপ্ৰদ গৱেষণাৰ বাবে মুগ্ধ হৈ আশুতোষ মুখাৰ্জীয়ে ৰমণক এই পদ দিয়ে, সেই সময়ত পালিত অধ্যাপকজন বিদেশৰ পৰা শিক্ষাপ্ৰাপ্ত হোৱাৰ নিয়ম আছিল। কিন্তু ৰমণ ইংলেণ্ডলৈ গৈ শিক্ষা লোৱাৰ পক্ষপাতী নাছিল বাবে আশুতোষ মুখাৰ্জীয়ে সেই নিয়মটোকেই উঠাই দিছিল। অধ্যাপক পদত থাকিয়ে তেওঁ গৱেষণাত মনোনিবেশ কৰি থাকিল আৰু এটাৰ পাছত এটা চমকপ্ৰদ বস্তু আৱিষ্কাৰ কৰি বিশ্বকে চমক লগাইছিল। ১৯১৯ চনৰ পৰা তেওঁ সন্থাৰ অবৈতনিক সম্পাদক নিযুক্ত হৈছিল। চন্দ্ৰশেখৰ ভেংকটাৰামনৰ জীৱনৰ উদ্দেশ্য আছিল বিজ্ঞানিক হোৱা, বিজ্ঞানৰ চৰ্চাতে জীৱন কটোৱা। কিন্তু তাৰ সলনি তেওঁ হল এজন গাণিতিক-সেয়ে পাছলৈ অন্তৰ্দ্বগ্ধত ভুগি, কলিকতা চহৰৰ মাজেৰে ডেল হাউচী স্কোৱাৰৰ পৰা শিয়ালদহলৈ ট্ৰামেৰে গৈ থাকোঁতে বউবাজাৰ ষ্ট্ৰীটত তেওঁৰ চকু পৰিল এখন চাইন বোৰ্ডত, চাইন বোৰ্ডখনত লিখা আছিল--দি ইণ্ডিয়ান এচোচিয়েচন ফৰ দি কাল্টিভেচন অব্ চায়েন্স। তেওঁ যিমানদূৰ পাৰে সোনকালে ট্ৰামৰ পৰা নামি, চাইন বোৰ্ড দিয়া ঘৰটো বিচাৰি আহিল আৰু লগ পালে অনুষ্ঠানটিৰ সম্পাদক ডাঃ অমৃতলাল চৰকাৰক। তেতিয়াৰে পৰা গৱেষণাগাৰলৈ নিয়মিয়াকৈ আহিবলৈ ধৰিলে। ১৯২১ চনটো ৰামনৰ কাৰণে বৰ সৌভাগ্যৰ বছৰ আছিল, এই বছৰটোতে তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি হিচাপে অক্সফোৰ্ডত অনুষ্ঠিত বিশ্ববিদ্যালয় কংগ্ৰছত যোগদান কৰিছিল। তাতেই তেওঁ পৃথিৱীৰ বিভিন্ন বিজ্ঞানীৰ লগত পদাৰ্থ বিজ্ঞানৰ জটিল সমস্যাবিলাক মুকলিকৈ আলোচনা কৰিবলৈ সুবিধা পাইছিল। ভূমধ্য সাগৰেৰে তেওঁ লণ্ডনৰ পৰা ঘৰমুৱা হওঁতে সাগৰৰ দিগন্তত প্ৰসাৰিত হোৱা নীলা জলৰাশি দেখি কিয় নীলা ৰঙৰ হয় সেয়া জানিবলৈ তেওঁ নিজৰ হাতত থকা নিকল প্ৰিজমটো উলিয়াই সাগৰৰ জলৰাশিলৈ লক্ষ্য কৰিলে, আৰু পোহৰৰ প্ৰতিক্ৰিয়াৰ বাবেই হয় যে জানিব পাৰিলে। তেওঁৰ গৱেষণাৰ ফলতেই তৰংগ তত্ত্ব, বিকিৰণ ধৰ্ম আৰু তাপ গতি বিদ্যা বিষয়ক গৱেষণাৰ পথ মুকলি হৈছিল। সুদীৰ্ঘ ১২ বছৰ গৱেষণাৰ অন্তত চন্দ্ৰশেখৰ ভেংকটাৰামনৰ ১৮০০ৰো ওপৰ গৱেষণা পত্ৰ প্ৰকাশ পাইছিল। ১৯৩০ চনত ৰামনৰ এই আৱিষ্কাৰ সমূহে ৰামনলৈ বিশ্বখ্যাতি কঢ়িয়াই আনিলে। ইয়াৰ বাবেই তেওঁ ন'বেল বঁটা লাভ কৰিবলৈ সক্ষম হল। ১৯৩০ চনৰ ১০ ডিচেম্বৰত ষ্টক’হমত অনুষ্ঠিত হোৱা ন'বেল বঁটা প্ৰদান অনুষ্ঠানত তেওঁ নিজে উপস্থিত হৈ এই বঁটা গ্ৰহণ কৰিছিল। চন্দ্ৰশেখৰ ভেংকটাৰামনৰ সম্পাদনাত ভাৰতীয় পদাৰ্থ বিজ্ঞান নামৰ আলোচনী এখনো প্ৰকাশ কৰিছিল। তদুপৰি তেওঁৰ তত্ত্বাৱদানত ওলাইছিল আৰু নামৰ দুখন আলোচনীৰো সভাপতিত্ব কৰিছিল তেৱেঁই। ন'বেল বঁটা পোৱাৰ পাছত কিছুদিন কলিকতাত থাকি, তেওঁ বাংগালোৰত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত যোগদান কৰিছিল। ইয়াৰ পিছত তেওঁ নিজে ১৯৪৮ চনৰ পৰা এটা ৰামন ৰিচাৰ্ছ ইনষ্টিটিউট নামৰ গৱেষণাগাৰ প্ৰতিষ্ঠা কৰি মৃত্যুৰ আগলৈকে তাত গৱেষণাতে কটাইছিল। তেওঁ যিটো যন্ত্ৰৰ সহায়ত গৱেষণা কৰি ন'বেল বঁটা পাইছিল, তাৰ মূল্য আছিল মাত্ৰ দুশ টকাহে। তেওঁ দৈনিক সন্ধিয়া ৫-৩০ বাজৰ পৰা ১০ বজালৈ গৱেষণাগাৰতে কটাইছিল। মৃত্যু চন্দ্ৰশেখৰ ভভেংকটাৰামনৰ ১৯৭০ চনৰ ২১ নবেম্বৰত বাংগালোৰত পৰলোক প্ৰাপ্তি হয়। পুৰস্কাৰ আৰু সন্মান সমূহ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা (১৯৩০), ভাৰত ৰত্ন বঁটা (১৯৫৪), নাইট উপাধি (১৯২৯), ম্যাটুৰ্হচি সোণৰ বঁটা (১৯২৯), লেলিন শান্তি বঁটা, (১৯৫৭) ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখ দিনটোক প্ৰখ্যাত ভাৰতীয় পদাৰ্থ বিজ্ঞানী চি. ভি. ৰমনৰ ৰমন পৰিঘটনাৰ আৱিষ্কাৰক সুঁৱৰি ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়, ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰমনে এই পৰিঘটনা আৱিষ্কাৰ কৰিছিল। তথ্য সংগ্ৰহ অধিক পঢ়ক .1983, 46(1): 1–16. 1988. 1988, .80, 20, 22, 24 26. 1989; 340: 672. 1990; 343: 686. বাহ্যিক সংযোগ 1930 ভাৰতৰ ব্যক্তি মৃত ব্যক্তি ভাৰতীয় বিজ্ঞানী ভাৰত ৰত্ন বঁটা বিজয়ী পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা
67416
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BE%E0%A6%A8%E0%A7%81%20%E0%A6%9C%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A6%82%E0%A6%97%E0%A7%80%E0%A7%B0%20%E0%A6%95%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%9C%E0%A7%80
বানু জাহাংগীৰ কয়াজী
বানু জাহাংগীৰ কয়াজী ৭ ছেপ্টেম্বৰ ১৯১৭ ১৫ জুলাই ২০০৪) পৰিয়াল পৰিকল্পনা আৰু জনসংখ্যা নিয়ন্ত্ৰণত এগৰাকী ভাৰতীয় চিকিৎসক তথা সমাজকৰ্মী। তেওঁ পুনেৰ কিং এডৱাৰ্ড মেমৰিয়েল হস্পিটেলৰ পৰিচালক আছিল আৰু ভাৰতৰ তৃতীয় সৰ্ববৃহৎ ৰাজ্য মহাৰাষ্ট্ৰৰ গ্ৰাম্য অঞ্চলত স্বাস্থ্য কৰ্মীসকলৰ কাৰ্যসূচী আৰম্ভ কৰিছিল। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ উপদেষ্টা আছিল। তেওঁৰ অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ১৯৮৯ চনত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। ১৯৯৩ চনত তেওঁ ৰাজহুৱা সেৱা শিতানত ৰমন মেগছেছে বঁটা লাভ কৰিছিল। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ১৯১৭ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখেত মুম্বাইৰ এক পাৰ্চী পৰিয়ালত বানু পেষ্টঞ্জী কপাডিয়াৰ জন্ম হৈছিল। তেওঁৰ দেউতাক পেষ্টঞ্জী কপাডিয়া এজন পৰিচিত চিভিল অভিযন্তা আছিল। কম বয়সতে বানুক পুনেত তেওঁৰ ককা-আইতাৰ সৈতে থাকিবলৈ পঠিওৱা হৈছিল য'ত তেওঁ ধন আৰু বিলাসী জীৱনৰ অভিজ্ঞতা লাভ কৰিছিল। তেওঁৰ পিতৃ-মাতৃৰ নিৰন্তৰ সাক্ষাৎ আৰু তাইৰ ককা-আইতাৰ সৈতে তাইৰ ঘনিষ্ঠ সম্পৰ্কে তেওঁক এক সুন্দৰ শৈশৱ প্ৰদান কৰিছিল। ককা-আইতাৰ সৈতে বাস কৰোঁতে বানুয়ে পুনেৰ চেণ্ট ভিনচেণ্টৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰথম গৰাকী ছোৱালী হিচাপে পৰিগণিত হৈছিল। তাৰপিছত তেওঁ যীছাছ এণ্ড মেৰী কনভেণ্ট স্কুলত নামভৰ্তি কৰিছিল আৰু শ্ৰেণীত প্ৰায়ে প্ৰথম স্থান লাভ কৰিছিল। কনভেণ্ট স্কুলত শিক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁ চিনিয়ৰ কেমব্ৰিজলৈ গৈছিল আৰু পাঁচটা শ্ৰেণীত ডিষ্টিংচনৰ সৈতে উত্তীৰ্ণ হয়। তেওঁ চেণ্ট জেভিয়াৰ্ছ কলেজত প্ৰি-মেডিকেল পাঠ্যক্ৰম অধ্যয়ন কৰিছিল আৰু তাৰ পিছত গ্ৰাণ্ট মেডিকেল কলেজত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিছিল। তেওঁ ১৯৪০ চনত গ্ৰাণ্ট মেডিকেল কলেজৰ পৰা এম.ডি. ডিগ্ৰী লাভ কৰিছিল। বানুৱে প্ৰসিদ্ধ ড॰ ভি.এন. শিৰোদকাৰৰ সৈতে আৱাসিক চিকিৎসক হিচাপে থকা কালছোৱাত এগৰাকী স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ হোৱাৰ প্ৰশিক্ষণ লাভ কৰিছিল। কিন্তু ১৯৪৩ চনত পুনেলৈ উভতি অহাৰ সময়ত ডাঃ এডুলজী কয়াজীৰ অধীনত সাধাৰণ অনুশীলন আৰম্ভ কৰিছিল। কৰ্মজীৱন ১৯৪৪ চনৰ এপ্ৰিল মাহত চৰ্দাৰ মুডলিয়াৰে ডাঃ এডুলজী কয়াজীক পুনেত অৱস্থিত এক সৰু মেটাৰনেল কেয়াৰ চিকিৎসালয় কিং এডৱাৰ্ড মেমৰিয়েল হস্পিটেলত যোগদান কৰিবলৈ সক্ষম এজন উচ্চ প্ৰশিক্ষিত চিকিৎসকৰ পৰামৰ্শ দিবলৈ কৰিবলৈ অনুৰোধ জনায়। ডাঃ এডুলজী কয়াজীয়ে ডাঃ বানু জাহাংগীৰ কয়াজীক নিযুক্তিৰ বাবে পৰামৰ্শ দিছিল আৰু তাৰ ছয় মাহ পিছত তেওঁ মুখ্য চিকিৎসা বিষয়াৰ পদ গ্ৰহণ কৰে। এই ভূমিকাত তেওঁ ৫৫ বছৰকাল অধিষ্ঠিত থাকে আৰু চিকিৎসালয়খন ১৯৪৪ চনত ৪০খন বিছনাৰ পৰা ১৯৯৯ চনত ৫৫০খন বিছনালৈ উপনীত হোৱা সহায় কৰে। তেওঁ কিং এডৱাৰ্ড মেমৰীয়েল হস্পিটেলক এখন শিক্ষণ চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰিছিল আৰু বি.জে. মেডিকেল কলেজৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল। বানুয়ে ১৯৭২ চনত ভাডুত এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ বিকশিত কৰিছিল যি অৱশেষত ওচৰৰ গ্ৰাম্য অঞ্চলবোৰক সেৱা আগবঢ়োৱা এখন চিকিৎসালয়লৈ পৰিগণিত হৈছিল। ১৯৭৭ চনত তেওঁ গ্ৰাম্য স্বাস্থ্যকৰ্মীসকলক স্বাস্থ্যসেৱা উন্নত কৰাৰ বাবে নিৰ্দেশিত এক কাৰ্যসূচী সৃষ্টি কৰিছিল। তেওঁ পৰিচ্ছন্নতা, পৰিয়াল পৰিকল্পনা আৰু পুষ্টিৰ বিষয়ত প্ৰায় ৬০০ ছোৱালীক প্ৰশিক্ষণ দিছিল যাতে তেওঁলোকে তেওঁলোকৰ সম্প্ৰদায়ক সহায় কৰিব পাৰে। সময়ৰ সৈতে বানুৰ এই আৰ্হি সমগ্ৰ দেশত গ্ৰহণ কৰা হৈছিল। তদুপৰি বানুয়ে বহুতো যুৱতী আৰু মাতৃৰ ক্ষেত্ৰত শিক্ষা আৰু কৰ্মশক্তিৰ দক্ষতাৰ অভাৱ অনুভৱ কৰিছিল। এই সংকটৰ সঁহাৰি হিচাপে তেওঁ ১৯৮৮ চনত যুৱ মহিলা স্বাস্থ্য আৰু উন্নয়ন প্ৰকল্প স্থাপন কৰে। এই প্ৰকল্পটোৰ উদ্দেশ্য আছিল যুৱতীসকলক শিক্ষা আৰু এম্ব্ৰইডাৰীৰ দৰে প্ৰয়োজনীয় দক্ষতা শিকোৱা আৰু জাতি আৰু লিংগ ভূমিকাৰ বিষয়ে বাৰ্তালাপৰ সৈতে এই দক্ষতাবোৰ পৰিপূৰক কৰা। বানুয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ মানৱ প্ৰজননৰ বৈজ্ঞানিক আৰু কাৰিকৰী গোট, মহিলা স্বাস্থ্য আৰু বিকাশ, আৰু স্বাস্থ্য, জনশক্তি আৰু উন্নয়নৰ সদস্য আছিল। তেওঁ মহাৰাষ্ট্ৰ চৰকাৰ, ভাৰত চৰকাৰ, বিশ্ব বেংক, ফৰ্ড ফাউণ্ডেচন, ইউএনএফএ আৰু ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক গুৰুত্বৰ আন বহুতো সংস্থাৰ উপদেষ্টা আছিল। তেওঁ পুনে বিশ্ববিদ্যালয়ৰ অধ্যাপক এমিৰিটাছ আৰু পৰিচালনা পৰিষদৰ সদস্য আছিল। পৰিয়াল পৰিকল্পনা, নগৰ আৰু গ্ৰাম্য স্বাস্থ্য আৰু শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। অন্যান্য বানুৰ সাহিত্যৰ প্ৰতি নিৰন্তৰ আগ্ৰহ আছিল আৰু তেওঁ ৩০ বছৰৰ বাবে পৰিচালক হিচাপে সকাল গ্ৰুপ অফ নিউজপেপাৰছৰ লগত জড়িত আছিল। ইয়াৰ উপৰিও তেওঁ ১৯৯৪ চনত পুনে বিশ্ববিদ্যালয় আৰু এছএনডিটি বিশ্ববিদ্যালয়ৰ পৰা সাহিত্যত সন্মানসূচক ডিগ্ৰী লাভ কৰে। তাই তেওঁৰ সময়ত যীচু আৰু মেৰী কনভণ্ট স্কুলত পশ্চিমীয়া শাস্ত্ৰীয় সংগীত শিকিছিল আৰু তাইৰ ককাদেউতাকৰ ঘৰত পিয়ানো বজোৱা উপভোগ কৰিছিল। বাণুৱে লণ্ডনৰ ত্ৰিনিটি কলেজ অফ মিউজিকৰ পৰীক্ষকৰ বাবে প্ৰদৰ্শন কৰিছিল। সাহিত্য আৰু সংগীতৰ উপৰিও, বানোৱে তেওঁৰ স্বামী জাহাংগীৰ সৈতে পাৰ্টি আৰু বলৰোম নৃত্য উপভোগ কৰিছিল। ব্যক্তিগত জীৱন বানুৱে ১৯৩৭ চনত মহাবালেশ্বৰ ভ্ৰমণ কৰা সময়ত তেওঁৰ ভৱিষ্যতৰ স্বামী জাহাংগীৰ কয়াজীৰ সৈতে তেওঁৰ পৰামৰ্শদাতা আৰু জাহাংগীৰ ভায়েক এডুলজী কয়াজীৰ দ্বাৰা পৰিচয় লাভ কৰিছিল। জাহাংগীৰ এজন অভিযন্তা আছিল আৰু শেহতীয়াকৈ পুৰ্ডিউ বিশ্ববিদ্যালয়ত ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। বানু আৰু জাহাংগীৰ ১৯৪১ চনৰ ২৪ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হৈছিল। ১৯৪২ চনৰ ৭ আগষ্টত দম্পতীহালৰ প্ৰথম সন্তান কুৰুছৰ জন্ম হয়। ১৯৪৩ চনত তেওঁলোকে পুনেত এখন ঘৰ নিৰ্মাণ কৰে আৰু তাত বসতি স্থাপন কৰে। ২০০৪ চনৰ ১৫ তাৰিখে ৮৬ বছৰ বয়সত বানু জাহাংগীৰ কয়াজীৰ মৃত্যু হয়। বঁটা আৰু সন্মান ১৯৮৯ পদ্মভূষণ ১৯৯২ পুণ্যভূষণ বঁটা ১৯৯৩ ৰাজহুৱা সেৱাৰ বাবে ৰমন মেগছেছে বঁটা তথ্য উৎস বাহ্যিক সংযোগ ৰাজহুৱা সেৱাৰ বাবে ১৯৯৩ ৰমন মেগছেছে বঁটাৰ উদ্ধৃতি 50 2003, ভাৰতৰ ব্যক্তি মৃত ব্যক্তি চিকিৎসাবিদ সমাজকৰ্মী পদ্মভূষণ বঁটা বিজয়ী ৰমন মেগছেছে বঁটা
28843
https://as.wikipedia.org/wiki/%E0%A6%8F%E0%A6%A8%E0%A6%9A%E0%A7%87%E0%A6%AB%E0%A7%87%E0%A6%B2%E0%A6%BE%E0%A6%87%E0%A6%9F%E0%A6%BF%E0%A6%9A
এনচেফেলাইটিচ
মস্তিষ্কৰ ‘ইনফ্লেমেচন’ ঘটিলে এনচেফেলাইটিচ হোৱা বুজায়। ইনফ্লেমেচনৰ অৰ্থ হ'ল- জীৱিত কোষত হোৱা কোনো প্ৰতিক্ৰিয়াৰ ফলত এই চাৰিটা গুণৰ মিশ্ৰণ ঘটা বিষ হোৱা, উত্তাপ হোৱা, ফুলি উঠা আৰু ৰঙা পৰা। মস্তিষ্কৰ আৱৰণীত ইনফ্লেমেচন ঘটিলে মেনিনজাইটিচ হোৱা বুজায়। একেলগে মস্তিষ্ক আৰু আৱৰণী দুয়ো অংশতে ইনফ্লেমেচন হ’লে মেনিনগ-এনচেফেলাইটিচ হোৱা বুলি কয়। একেলগে মগজু আৰু ৰাজহাঁড়ৰ মজ্জাৰ (স্পাইনেল কৰ্ডৰ) ইনফ্লেমেচন হলে তাক এনকেফালোমায়েলাইটিচ বোলে। ঘাইকৈ হাৰপিজ জষ্টাৰ ভাইৰাচে এই ৰোগক কৰিব পাৰে। ইনফ্লেমেচনৰ উৎপত্তি আঘাতৰ দ্বাৰা বা যি কোনো সংক্ৰমনৰ দ্বাৰা হ’ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এছিয়া মহাদেশত বছৰি পঞ্চাছ হাজাৰজনলৈকে লোকে ভাইৰেল এনচেফেলাইটিচ ৰোগত ভোগে। ৰোগাক্ৰান্ত হোৱা এই পঞ্চাছ হাজাৰজন লোকৰ ভিতৰৰ পোন্ধৰ হাজাৰজনৰ মৃত্যু হয় আৰু ইয়াৰে অধিকাংশই ভাৰত, চীন আদি দক্ষিণ-পূব এছিয়া মহাদেশৰ দেশসমূহৰ। ২০১১ চনত ভাৰতবৰ্ষত এই ৰোগত ১১৬৯ জনৰ প্ৰাণহানি হৈছিল। ২০১১চনত অসমত ১৫৯ জনৰ ভাইৰেল এনচেফেলাইটিচ ৰোগত মৃত্যু হৈছিল আৰু তাৰে অধিকাংশই আছিল শিৱসাগৰ জিলাৰ। আসাম ট্ৰিবিউন কাকতৰ এক বাতৰি অনুসৰি ২০১১চনত অসমৰ ২৭ খনৰ ভিতৰত ২০খন জিলাই এই ৰোগত আক্ৰান্ত হৈছিল। ২০১২ চনৰ আগষ্টলৈকে অসমত ২২ জনৰ প্ৰাণহানি ঘটিছে। দেশৰ ডাঙৰ প্ৰদেশ উত্তৰ প্ৰদেশত ২৬৩জন আৰু বিহাৰত ৮২জন লোকৰ এই বছৰত এতিয়ালৈকে মৃত্যু হৈছে। ইয়াৰে অধিকাংশই হ'ল শিশু। মৃত্যুৰ সংবাদ আহিছে তমিলনাডু, উৰিষ্যা আৰু কাষৰীয়া পশ্চিম বংগৰ পৰাও। ভাৰতবৰ্ষৰ উত্তৰ-পশ্চিম অঞ্চলৰ বাহিৰে গোটেই দেশখনতেই ৰোগৰ প্ৰাদূৰ্ভাৱ দেখা যায়। বেচিকৈ ৰোগ হোৱা দেখা যায় জুনৰ পৰা চেপ্তেম্বৰৰ ভিতৰত। কিন্তু কমকৈ হ’লেও গোটেই বছৰটোৱেই ৰোগ চলি নথকা নহয়। কৃষিজীৱী লোকৰ বসতি থকা গ্ৰামাঞ্চলত এনচেফেলাইটিচৰ প্ৰাদূৰ্ভাৱ বেছি। এনচেফেলাইটিচ উৎপন্ন হোৱাৰ কাৰণসমূহ ঘাইকৈ ভাইৰাচৰ দ্বাৰা এনচেফেলাইটিচ ৰোগ হয়। জাপানিজ-বি ভাইৰাচ, হাৰপিজ চিম্প্লেস্ক ভাইৰাচ, মিজলচ, মাম্পচ, পলিঅ', চিকেন পস্ক, ৰুবেলা, কস্কচেকি, চাইট'মেগাল' ভাইৰাচ, ৱেষ্ট-নীল, ইক' ভাইৰাচ, ভেনেজুৱেলান ইকুইন এনচেফেলাইটিচ ভাইৰাচ, ইষ্টাৰ্ণ ইকুইন এনচেফেলাইটিচ ভাইৰাচ আদিৰ দ্বাৰা এনচেফেলাইটিচ উৎপন্ন হ’ব পাৰে। এনচেফেলাইটিচৰ কৰিব পৰা ফাংগাচসমূহৰ নাম হ'ল কেণ্ডিডা, মিউকৰ, ক্ৰিপ্ত ক'কাচ আদি। এনচেফেলাইটিচৰ কৰিব পৰা পেৰাচাইটসমূহৰ নাম হ'ল টস্কপ্লাজমা, নেইগেলেৰিয়া, ৰাউণ্ডৱৰ্ম, চিষ্টিচাৰক'চিচ, এণ্টামিবা হিষ্টলাইটিকা আদি। কেঞ্চাৰ আৰু এইডচ ৰোগীৰ এনচেফেলাইটিচ হ’ব পাৰে। ভেকচিনৰ বিৰূপ পাৰ্শ্ব প্ৰতিক্ৰিয়া স্বৰূপে এনচেফেলাইটিচ হ’ব পাৰে। কোনো এলাৰ্জি বা অট' ইমিউন' ৰোগৰ ফলত এনচেফেলাইটিচ হ’ব পাৰে। টি বি, বাৰ্টনেলা হেনচলিই,চিফিলিচ,লাইম ডিজিজ বা আন কোনো বেক্টেৰিয়াৰ সংক্ৰমনেও এনচেফেলাইটিচ কৰিব পাৰে। পাগল কুকুৰে কামুৰিলে ৰেবিজ এনচেফেলাইটিচ হ’ব পাৰে। এছিয়া আৰু আফ্ৰিকা এই দুই মহাদেশত বছৰি ৫৫০০০ লোকৰ ইয়াৰ ফলত মৃত্যু হয়। পয়জনিং (যেনে লিড পয়জনিং) এনচেফেলাইটিচৰ কাৰণ হ’ব পাৰে। মস্তিষ্কৰ আঘাতেও এনচেফেলাইটিচ কৰিব পাৰে। এনচেফেলাইটিচৰ ফল মস্তিষ্কৰ কোষসমূহ ফুলি উঠে। কোষবোৰ নষ্ট হ’বলৈ ধৰে। মস্তিষ্কৰ ভিতৰত ৰক্তক্ষৰণ হয়। এইবিলাক ক্ৰিয়াৰ ফলতেই ৰোগৰ লক্ষণসমূহ দেখা দিয়ে। মগজুৰ মূল অংশ চেৰিব্ৰেল কৰ্টেস্ক, চেৰিবেলাম, থেলামাচ আৰু স্পাইনেল কৰ্ডত ইনফ্লেমেচন চলি থাকে। এনচেফেলাইটিচ ৰোগৰ লক্ষণসমূহ পোনতেই জনোৱা ভাল যে ৰোগৰ লক্ষণসমূহ সাধাৰণ পানী লগা,চৰ্দি জ্বৰৰ দৰেও হব পাৰে নাইবা অত্যন্ত গুৰুতৰো হব পাৰে। ই বহু পৰিমাণে ৰোগাক্ৰান্ত ব্যক্তিজনৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ (যাক ইমিউনিটি বোলে) ওপৰত নিৰ্ভৰ কৰে। শৰীৰত ৰোগৰ বীজাণু প্ৰবেশ কৰাৰ পৰা লক্ষণ ফুটি উঠালৈকে সময়চোৱাক ডাক্তৰী ভাষাত 'ইনকুবেচন পিৰিয়'ড' বোলে। এনচেফেলাইটিচৰ ইনকুবেচন পিৰিয়'ড ৫ ৰ পৰা ১৫ দিনৰ ভিতৰত। ডিব্ৰুগড়ৰ ৰিজঅ'নেল মেডিকেল ৰিচাৰ্চ চেণ্টাৰত ২০০০-২০০২ চনলৈ ৭৬৩জন ৰোগীৰ ওপৰত এক অধ্যয়ন চলোৱা হৈছিল। তেওঁলোকে প্ৰকাশকৰা তথ্য অনুসৰি লক্ষণসমূহ আছিল এনে জ্বৰ ১০০% ৰোগীৰ ক্ষেত্ৰত, মতিভ্ৰম ৮২%, মূৰৰ বিষ ৭১%, ডিঙিৰ জঠৰতা ৫৪%, অস্বাভাবিক লৰচৰ ৫১%, পৰীক্ষা কৰিলে পোৱা তীব্ৰ জাৰ্ক ৪৮%, অস্থিৰতা ৪৫%, মাংসপেশিৰ বৰ্দ্ধিত ট'ন ৩৫%, ফিট হোৱা ৩৪%, অচেতন হোৱা ২১%। এই ৰোগীসকলৰ সৰহ সংখ্যকেই (৯৬%) আছিল গ্ৰামাঞ্চলৰ। সাধাৰণতে কম বয়সীয়া লোক বেচিকৈ ৰোগাক্ৰান্ত হয় যদিও যি কোনো বয়সৰ লোকৰ এনকেফেলাইিচ হব পাৰে। কেঁচুৱাৰ ক্ষেত্ৰত দেখা যায় ডাঙি কোলাত ললে কান্দে, মাতৃদুগ্ধ বা আন খাদ্যলৈ অনীহা, বমি কৰা, অস্থিৰতা, মূৰ-গাৰ জঠৰতা, কপালখন ফুলি উঠা আৰু জ্বৰ থকা। আন লোকৰ সাধাৰণতে হোৱা লক্ষণসমূহ হ'ল জ্বৰ,শৰীৰ অবশ হোৱা, ডিঙি আৰু পিঠিৰ জঠৰতা, মূৰৰ বিষ,বমি, ডিঙিৰ বিষ, মুখত ঘা হোৱা, মানসিক অস্থিৰতা, মানসিক ভ্ৰম, নিদ্ৰাচ্ছন্ন হোৱা, পোহৰ সহ্য কৰিব নোৱৰা হোৱা, কথা পাহৰি যোৱা, মানুহ চিনিব নোৱৰা হোৱা, খোজৰ অস্থিৰতা,ভুল নিৰ্ণয় লোৱা আদিৰ উপৰিও পেৰালাইচিচ, ফিট হোৱা, হেলুচিনেচন আদি হব পাৰে। এনচেফেলাইটিচত আক্ৰান্ত হলে গৰ্ভৱতী মহিলাৰ সন্তানৰ নানা অহিত (আনকি গৰ্ভপাতো)হব পাৰে। এনচেফেলাইটিচত মৃত্যুৰ হাৰ ৫%ৰ পৰা ৩৫% লৈকে দুদোল্যমান। চিকিৎসাৰ সা-সুবিধা আৰু ৰোগীৰ ইমিউনিটিৰ ওপৰত মৃত্যুহাৰ নিৰ্ভৰ কৰে। ৰোগৰ চিনাক্তকৰণ ৰোগৰ লক্ষণ সমূহেই ৰোগ চিনাক্ত কৰাত সহায় কৰে। তথাপিও চিকিৎসালয় ভেদে পৰীক্ষাৰ মানদণ্ডৰ তাৰতম্য হয়। পোনতেই তেজৰ ৰুটিন পৰীক্ষা কৰিব লাগিব। তাৰ পিছত আহিব পিঠিৰ ৰাজহাঁড়ৰ পৰা পানী )উলিয়াই কৰা পৰীক্ষা যাক লাম্বাৰ পাংচাৰ বোলে। চেৰিব্ৰ স্পাইনেল ফ্লুইডত সাধাৰণতে শ্বেতৰক্ত কণিকা আৰু প্ৰটিনৰ মাত্ৰা বাঢ়ে, গ্লুকজ লেভেলৰ পৰিবৰ্তন নহয়। মগজুৰ ই ই জি, চি টি স্কেন, এম আৰ আই আদি হ'ল লাগতিয়াল পৰীক্ষা। মগজুৰ কিমান অংশ কেনেদৰে ফুলিছে সেইয়া চি টি বা এম আৰ আই কৰিলে জনা যায়। এম আৰ আইত চিটি তকৈ বেচি উন্নত ছবি পোৱা যায়। এনচেফেলাইটিচ ৰোগৰ চিকিৎসা চিকিৎসাৰ লক্ষ্য হ'ল ৰোগীৰ প্ৰাণৰক্ষাৰ উপৰিও কষ্টসমূহৰ অৱসান ঘটোৱা। ৰোগীৰ উপযুক্ত বিশ্ৰাম, খাদ্য বা চেলাইন যোগে পৰিপুষ্টি সাধন, জ্বৰৰ নিয়ন্ত্ৰণ, লক্ষণসমূহৰ প্ৰতিকাৰ, মানসিক দিশত সহায়ক হোৱা আদি দিশত চকু দিব লাগে। ঔষধৰ ব্যৱহাৰ এচাইক্লভিৰ বা ফচকোভিৰ এণ্টিভাইৰেল ড্ৰাগচ বেজীৰ মাধ্যমেৰে সাধাৰণতে আৰম্ভ কৰা যায়। ৰোগৰ কাৰণ ভাইৰাচ নহয় বুলি নিশ্চিতকৈ জানিলে ইয়াক বন্ধ কৰিব পাৰি। এণ্টিবায়িকৰ ব্যৱহাৰে বীজাণুৰ আক্ৰমণৰ পৰা ৰোগীক সুৰক্ষা দিব। ফেনিটইন, ফেনবাৰ্বিটন, ডায়েজেপাম আদি ফিটৰ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ হোৱা লাগতিয়াল ঔষধ। ডেস্কামিথাচন, মিথাইলপ্ৰেডনিচলন, হাইড্ৰকৰ্টিচন আদি ষ্টেৰইডে মগজুৰ ইনফ্লেমেচন কমায়। সংকট কালত নিশ্বাসৰ কষ্ট হৈছে নেকি তালৈ লক্ষ্য ৰাখি প্ৰয়োজন অনুসৰি ব্যৱস্থা লব লাগে। ৰোগী যিহেতু পোহৰ আৰু ধ্বনিৰ প্ৰতি বেচি সংবেদনশীল হয় সেয়ে এনে ৰোগীক কিছু কম পোহৰৰ শান্ত পৰিষ্কাৰ পৰিবেশত ৰাখিব লাগে। অসুখৰ ফলত ৰোগী যদি পিছলৈ কোনো ত্ৰুতিৰ চিকাৰ হয় যেনে পেৰালাইচিচ,কাণেৰে নুশুনা হোৱা বা বাক শক্তি হেৰুৱা তেতিয়া তাৰ উপযুক্ত ব্যৱস্থা লব লাগে। এনচেফেলাইটিচ ৰোগৰ প্ৰতিৰোধক ১৮৭০ চনত জাপানত "গ্ৰীষ্মকালীন এনচেফেলাইটিচ" নামৰ খ্যাতিৰে এক মহামাৰীৰূপে এই ৰোগ পোন প্ৰথমবাৰৰ বাবে বিশ্বৰ দৃষ্টিগোচৰ হয়। তাৰ পিছত পুনৰ ১৯২৪ চনত ৬১২৫জন লোক এনচেফেলাইটিচত আক্ৰান্ত হয় আৰু তাৰে ৬২% (৩৭৯৭ জন) মৃত্যুমুখত পৰে। ১৯৪০ চনত চীনদেশত, ১৯৪৯ চনত কোৰিয়াত (৫৫৪৮জন ৰোগী) আৰু ১৯৭৮ চনত ভাৰতত (৬০০০জন ৰোগী) এই ৰোগে মহামাৰীৰূপে দেখা দিয়ে। ১৯৩৫ চনত পোন প্ৰথমবাৰৰ বাবে জাপানত এইবিধ ভাইৰাচক ৰোগীৰ শৰীৰত চিনাক্ত কৰা হয়। আকৌ মহৰ এবিধ প্ৰজাতিৰ গাত এইবিধ ভাইৰাচক উদ্ধাৰ কৰাতো সম্ভৱপৰ হয় ১৯৩৮ চনত। ইয়াৰ ভেকচিন নিৰ্মাণ কৰাত চীনদেশে আগভাগ লয়। ১৯৫০ চনৰ পৰা ভেকচিন বজাৰত উপলব্ধ হবলৈ ধৰে। বৰ্তমান আমাৰ দেশৰ দুটা প্ৰতিষ্ঠান বায়লজিকেল ইভানচ্ আৰু ভাৰত বায়টেক) ভেকচিন নিৰ্মাণৰ বিভিন্ন স্তৰৰ মাজদি অগ্ৰসৰ হৈ আছে। ভেকচিনৰ ব্যৱহাৰৰ ফলত চীন, জাপান, কোৰিয়া, টাইৱান আৰু থাইলেণ্ডত ৰোগৰ প্ৰাদূৰ্ভাৱ কমিছে। সেই কেইখন দেশত ৰোগে মহামাৰীৰ ৰূপ নোলোৱা হৈছে। কিন্তু এতিয়াও মাজে মাজে মহামাৰী হৈ থকা এই দেশসমূহ হ'ল- ভাৰতবৰ্ষ, নেপাল, বাংলাদেশ, ভিয়েটনাম, কম্বোডিয়া, শ্ৰীলংকা, মালেয়েচিয়া আৰু ম্যানমাৰ। ১৯৫৪ চনৰ পৰা জাপানত ভেকচিনৰ ব্যৱহাৰ আৰম্ভ হৈছে। ১৯৮৩ চনত কোৰিয়া আৰু আমেৰিকাত ভেকচিন উপলব্ধ হয়। আমেৰিকাই দক্ষিণ পূৱ এছিয়া ভ্ৰমণলৈ আহিব খোজা লোকসকলক আৰু সৈন্যবাহিনীৰ লোকসকলক এই ভেকচিন লবলৈ পৰামৰ্শ দিয়ে। ভেকচিন ২৮দিনৰ ব্যৱধানত মুঠ দুটা ললে এবছৰলৈ ৯৮% সুৰক্ষিত হয়। এবছৰৰ মূৰত পুনৰ বুষ্টাৰ লোৱাতো বাঞ্ছনীয়। কেতিয়াবা প্ৰথম পালি ভেকচিন লওঁতে গুৰুতৰ পাৰ্শ্বক্ৰিয়া হোৱা দেখিলে তেওঁক আৰু ছিটা দিব নালাগে। এজমা আৰু এলাৰ্জিৰ ৰোগীৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰা উচিত। সাধাৰণতে গৰ্ভৱতী মহিলাক ছিটা দিয়া নাযায়। অসমত যোৱা বছৰৰ অক্টোবৰৰ পৰা চৰকাৰীভাবে ইয়াৰ যোগান ধৰা হৈছে। শিৱসাগৰত ভেকচিন লোৱা লোকৰো ৰোগ হোৱাৰ বাতৰি অতি উদ্বেগজনক। ভেকচিন কাচিৎ ব্যৰ্থ নোহোৱা নহয়। কিন্তু ব্যাপক হাৰত ব্যৰ্থতাৰ বাতৰিও উদ্বেগজনক। এনে ঘটনা বিশ্ব স্বাস্থ্য সংস্থাক জনোৱাৰ উপৰিও নিৰপেক্ষ অনুসন্ধানৰ অতি প্ৰয়োজন। প্ৰকাৰৰ আৰু উপলদ্ধ ভেকচিন জেই –ভেস্ক ইনএক্টিভেটেড পিউৰিফাইড মাউচব্ৰেইন ভেকচিন। নিৰ্মাতা চীন,জাপান,কোৰিয়া,-ভিয়েটনাম,থাইলেণ্ড। ১৭ বছৰৰ ওপৰৰ লোকৰ বাবে। ইস্কিআৰো নিৰ্মাতা নভাৰ্টিচ। এইবিধ ছিটাও ১৭ বছৰৰ ওপৰৰ লোকৰ বাবে। গ্ৰীণক্ৰচ এবছৰৰ ওপৰৰ শিশুৰ বাবে ০-৭-২৮ দিনৰ ব্যৱধানত তিনিটা ছিটা দিয়া হয়। এনচেফেলাইটিচ বিয়পাৰ কাৰণ কীট-পতংগই (আৰ্থ'পড) বিয়পোৱা ভাইৰাচক কয় আৰ্বোভাইৰাচ। জাপানিজ-বি ভাইৰাচ হ'ল এবিধ আৰ্বোভাইৰাচ। ইয়াক আশ্ৰয় দি ৰাখে গাহৰি, ঘোঁড়া, গাধ, ম'হ, কুকুৰ, ভেঁড়া, কেৰ্কেটুৱা,বাদুলি,বগলি নানা বনৰীয়া চৰাই আদি জন্তুয়ে। কিউলেস্ক মহে এইবিলাকৰ শৰীৰৰ পৰা ভাইৰাচ কঢ়িয়াইলৈ গৈ মানুহৰ শৰীৰত মেলি দিয়ে। মানুহৰ শৰীৰত ভাইৰাচৰ বৃদ্ধি হয় আৰু ব্যক্তিজন ৰোগাক্ৰান্ত হৈ পৰে। মানুহৰ পৰা মানুহলৈ ৰোগ নোসোঁচৰে। গাহৰি, ঘোঁড়াজাতীয় জন্তু হ'ল আৰু বগলীজাতীয় বনৰীয়া চৰাই হ'ল মহে এই বিলাক জন্তুক কামুৰি বেমাৰ ব্যাপ্ত হৈ থকাত সহায় কৰে। গতিকে মহৰ কামোৰৰ পৰা সকলো প্ৰকাৰে সুৰক্ষা লোৱাতো অতীব প্ৰয়োজনীয়। গাহৰি আদিৰ ফাৰ্ম ঘৰৰ পৰা যথেষ্ট নিলগত হব লাগে। মহৰ কামোৰৰ পৰা জন্তুবিলাকক বচাই ৰখাৰ ব্যৱস্থা লব লাগে আৰু পাৰিপাৰ্শ্বিকতাৰ স্বচ্ছতাত বিশেষ চকু দিব লাগে। গাহৰি পালন নকৰা দেশ পাকিস্তানত জাপানীজ-বি এনচেফেলাইটিচ প্ৰায় নায়েই। গৰ্ভৱতী মহিলাৰ যদি যৌনাংগত হাৰপিজ চিম্প্লেস্ক ভাইৰাচ থাকে তেনে সন্তানক সুৰক্ষা দিবলৈ চিজাৰিয়ান অপাৰেচন কৰাৰ প্ৰয়োজন। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ 2012
81060
https://as.wikipedia.org/wiki/%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%AD%E0%A7%81%E0%A7%B1%E0%A6%A8%E0%A6%A6%E0%A6%BE%E0%A6%B8%20%E0%A6%95%E0%A6%BF%E0%A6%B6%E0%A6%BF%E0%A6%AD%E0%A6%BE%E0%A6%87%20%E0%A6%AA%E0%A7%87%E0%A6%9F%E0%A7%87%E0%A6%B2
ত্ৰিভুৱনদাস কিশিভাই পেটেল
ত্ৰিভুৱনদাস কিশিভাই পেটেল ()(২২ অক্টোবৰ ১৯০৩ ৩ জুন ১৯৯৪)) আছিল ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু এগৰাকী গান্ধীবাদী। ৷ কাইৰা জিলা দুগ্ধ সমবায় উৎপাদক সংঘৰ প্ৰতিষ্ঠাপক হিচাপে ত্ৰিভুৱনদাস পেটেলক জনা যায়৷ পৰৱৰ্তী সময়ত তেখেতে ভাৰতৰ গুজৰাটৰ আনন্দ জিলাৰ আমূল দুগ্ধ সমবায় আন্দোলনৰ গুৰি ধৰিছিল৷ প্ৰাৰম্ভিক জীৱন ১৯০৩ চনৰ ২২ অক্টোবৰত গুজৰাটৰ আনন্দতকিশিভাই পেটেলৰ ঘৰত জন্মগ্ৰহণ কৰা ত্ৰিভুৱনদাস কিশিভাই পেটেল ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধী আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ অনুগামী হৈ পৰে৷ বিশেষকৈ নাগৰিকৰ আইন-অমান্য আন্দোলনৰ সময়ত তেখেতে তিনিবাৰকৈ যথাক্ৰমে ১৯৩০, ১৯৩৫ আৰু ১৯৪২ চনত কাৰাৰুদ্ধ জীৱন কটায়৷ সমবায়ভিত্তিক আন্দোলন ত্ৰিভুৱনদাস কিশিভাই পেটেল ভাৰতৰ সমবায় আন্দোলনৰ জনক হিচাপে পৰিচিত। ১৯৪০ চনৰ শেষৰ ফালে তেখেতে চৰ্দাৰ বল্লভভাই পেটেলৰ নিৰ্দেশনাত খেড়া জিলাৰ কৃষকৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে, আৰু ১৯৪৬ চনত তেখেতৰ অধ্যক্ষতাত কায়ৰা জিলা সমবায় গাখীৰ উৎপাদক সংঘ গঠিত হয়৷ ১৯৫০ চনত তেখেতে ভাৰ্গিজ কুৰিয়েন নামৰ যুৱ পৰিচালকজনৰ সহায়ত সমবায়ৰ কাৰিকৰী আৰু বিপণন কৌশল প্ৰস্তুত কৰে৷ এই সমবায়েই পাছলৈ আমূল বুলি জনাজাত হৈছিল। ২০০৫ চনলৈকে ভাৰ্গিজ কুৰিয়েনে আমূলৰ মুখ্য প্ৰৱন্ধক হিচাপে কাম কৰি থাকে। ত্ৰিভুৱনদাস পেটেলৰ নেতৃত্ব তথা নিৰ্দেশনা আৰু ভাৰ্গিছ কুৰিয়েনৰ যৌথ উদ্যোগত আনন্দৰ গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচন, ৰাষ্ট্ৰীয় দুগ্ধ বিকাশ পৰিষদ, ইনষ্টিটিউট অৱ ৰুৰেল মেনেজমেণ্ট, আনন্দকে ধৰি বহু সংগঠনৰ জন্ম হয়৷ ত্ৰিভুৱনদাস পেটেলে ১৯৬৩ চনত 'সমুদায়ভিত্তিক নেতৃত্ব'ৰ বাবে ৰমন মেগছেচে বঁটা লাভ কৰে৷ আনহাতে ১৯৬৪ চনত ভাৰত চৰকাৰৰ পৰা পদ্মভূষণ লাভ কৰে৷ তেখেত প্ৰদেশ কংগ্ৰেছ কমিটি (পিচিচি), ভাৰতীয় জাতীয় কংগ্ৰেছ (কংগ্ৰেছ-আই)ৰ সম্পাদক/সভাপতি হৈ থাকে৷ ইয়াৰ লগতে দলৰ পৰা ১৯৬৭–১৯৬৮ আৰু ১৯৬৮ -১৯৭৪ চনত দুবাৰকৈ ৰাজ্যসভাৰ সদস্য হিচাপেও দায়িত্ব পালন কৰে৷ ত্ৰিভুৱনদাস পেটেলৰ নি:স্বাৰ্থ নেতৃত্বত ১৯৭৩ চনৰ আগষ্ট মাহত আমূলে মোৰাৰজী দেশাই, মণিবেন পেটেল আৰু ভাৰ্গেজ কুৰিয়েনৰ সৈতে ২৫ বছৰীয়া জয়ন্তী উদযাপন কৰে। ১৯৭০ চনৰ আৰম্ভণিতে যেতিয়া তেখেতে স্বেচ্ছাই আমূলৰ অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল, তেতিয়া তেখেতক ছয় লাখ টকাৰ ধনৰ মোনা উপহাৰ দিয়া হয়৷ গাঁও সমবায়ৰ কৃতজ্ঞ সদস্যসকলে এটকাকৈ বৰঙণি তুলি তেখেতক এই অমূল্য উপহাৰ প্ৰদান কৰে ।তেখেতে এই পুঁজি ব্যৱহাৰ কৰি এটা দাতব্য ন্যাস আৰম্ভ কৰিছিল, যাৰ নাম আছিল ত্ৰিভুৱনদাস সংস্থা৷ এই সংস্থাটো খেড়া জিলাৰ মহিলা আৰু শিশুৰ স্বাস্থ্যৰ সন্দৰ্ভত কাম কৰা এটা বেচৰকাৰী সংস্থা। তেখেত ত্ৰিভুৱনদাস সংস্থাৰ প্ৰথম অধ্যক্ষ আছিল। তেখেতে বিদেশী অনুদানৰ পৰা ধন লাভ কৰাৰ পিছত সংস্থাটোৰ দ্ৰুতগতিত বিকাশ সাধন হয় আৰু পৰৱৰ্তী সময়ত ভাৰ্গিজ কুৰিয়েনক সংস্থাৰ অধ্যক্ষতা অৰ্পণ কৰে৷ ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ প্ৰাক্তন অধ্যক্ষা ড০ (শ্ৰীমতী)অমৃতা পেটেলে আন্তঃৰাষ্ট্ৰীয় কৰ্মশালাত ত্ৰিভুৱনদাস সংস্থাৰ মূল্যায়ন কৰে। এছিয়াৰ সৰ্ববৃহৎ বেচৰকাৰী সংস্থা ত্ৰিভুৱনদাস সংস্থাই ৰাজ্যখনৰ ছশৰো অধিক গাঁৱত মাতৃ আৰু শিশুৰ যত্নৰ ক্ষেত্ৰত কাম কৰিছে। ফাউণ্ডেশ্যনৰ অনন্য কথাটো হ’ল ই সম্পূৰ্ণ দুগ্ধ-নিৰ্ভৰ। গাঁৱৰ দুগ্ধ সমবায়েই এজন গাঁৱৰ স্বাস্থ্যকৰ্মী নিযুক্তি দি গাঁৱৰ স্বাস্থ্যকৰ্মীক এটা সন্মানীয় ধন দি কামটো হাতত লয়। গতিকে ই স্বাস্থ্যৰ বাবে ধন দিয়া গাখীৰ। ত্ৰিভুৱনদাস পেটেলে জীৱনৰ শেষ দিনটোলৈকে অক্লান্ত পৰিশ্ৰম কৰিছিল। তেখেতে তেলৰ দৰে কৃষি সামগ্ৰীৰ বাবে সমবায় সংগঠন স্থাপনৰ কাম কৰি আছিল। ১৯৯৪ চনৰ ৩ জুনত তেখেতৰ মৃত্যুৰ আগৰ দিনকেইটাত সমগ্ৰ কায়ৰাৰ পৰা হাজাৰ হাজাৰ কৃষকে তেখেতক সাক্ষাৎ কৰি ১৯৪৬ চনত আৰম্ভ হোৱা আন্দোলন চিৰদিন চলি থাকিব বুলি আশ্বাস দিছিল। শেষৰ দিনবোৰত তেখেতে সঘনাই কুৰিয়েনৰ বিষয়ে সুধিছিল যিয়ে তেওঁৰ জৰুৰীকালীন অৱস্থাৰ বতৰা পাইও তেখেতৰ মৃত্যুৰ আগমুহূৰ্তত কেতিয়াও তেখেতৰ ওচৰলৈ যোৱা নাছিল। কুৰিয়েনে তেখেতক সাক্ষাৎ নকৰাৰ বাবে একাংশই সেয়া চূড়ান্ত মাত্ৰাৰ প্ৰতাৰণা বুলি অনুভৱ কৰিছিল। ত্ৰিভুৱনদাসৰ বিষয়ে বহুতো শক্তিশালী গল্প এতিয়াও পোহৰলৈ অহা নাই৷ ইয়াৰ এটা কাৰণো থাকিব পাৰে (গল্পবোৰ গুজৰাটীত লিখা হৈছে)৷ ত্ৰিভুৱনদাসৰ বিভিন্ন অৱদানৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ অৱদান ঘটিছিল যিটো ক্ষেত্ৰত তেওঁৰ সময় আৰু আগ্ৰহ কম আছিল। বলীউডে তেওঁৰ গুৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ওপৰত চৰ্দাৰ নামৰ এখন জীৱনীমূলক ছবি নিৰ্মাণ কৰি আছিল। ছবিখন প্ৰায় সম্পূৰ্ণ হৈছিল যদিও কিছু আৰ্থিক অসুবিধাৰ বাবে শ্বেলফত ৰখা হৈছিল। ছবিখন সম্পূৰ্ণ কৰি মুক্তি দিবলৈ প্ৰয়োজনীয় আৰ্থিক বৰঙণি আগবঢ়াইছিল ত্ৰিভুৱনদাসে। জীৱনৰ শেষ বছৰবোৰৰ ফালে যিদৰে ছবিখন মুক্তি পাইছিল সেইদৰে তেখেতে চাইছিল নে নাই সেয়া জানিব পৰা হোৱা নাই যদিও ছবিখনৰ মুক্তিৰ ফলত ভাৰতৰ স্বাধীনতাৰ সময়চোৱাত ঘটা বহু ঘটনা, সাধাৰণ জনতাৰ বাবে কেতিয়াও নজনা পৰিঘটনা আৰু তথ্যসমূহ পোহৰলৈ আহিল। বঁটা আৰু স্বীকৃতি ১৯৬৩: ৰমন মেগছেছে বঁটা, সমুদায়ভিত্তিক নেতৃত্বৰ বাবে ১৯৬৪: পদ্মভূষণ ব্যক্তিগত জীৱন তেখেত শ্ৰীমতী মণি লক্ষ্মীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ দম্পতীটোৰ এগৰাকী কন্যা আৰু ছয়জন পুত্ৰ আছিল। তেওঁলোকৰ কেইবাজনো নাতি, প্ৰপৌত্ৰ আৰু প্ৰপুত্ৰী আছিল। অতিৰিক্ত পঠন বাহ্যিক সংযোগ তথ্যসংগ্ৰহ পদ্মভূষণ বঁটা বিজয়ী ৰমন মেগছেছে বঁটা বিজয়ী ভাৰতৰ ব্যক্তি মৃত ব্যক্তি গুজৰাটী ব্যক্তি ভাৰতৰ স্বাধীনতা
76454
https://as.wikipedia.org/wiki/%E0%A6%97%E0%A7%81%E0%A6%87%E0%A6%A1%E0%A7%8B%20%E0%A6%87%E0%A6%AE%E0%A6%AC%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%B8
গুইডো ইমবেন্স
গুইডো উইলহেলমাছ ইমবেন্স জন্ম: ৩ ছেপ্টেম্বৰ ১৯৬৩) এগৰাকী ডাচ্চ আমেৰিকান অৰ্থনীতিবিদ। তেওঁ ২০১২ চনৰ পৰা ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ষ্টেনফৰ্ড গ্ৰেজুৱেট স্কুল অৱ বিজনেছৰ অৰ্থনীতিৰ অধ্যাপক পদত অধিষ্ঠিত। ২০২১ বৰ্ষত ডেভিদ কাৰ্ড আৰু জছুৱা এংৰিষ্টৰ সৈতে তেওঁক অৰ্থনীতিৰ ন'বেল স্মাৰক বঁটা প্ৰদান কৰা হয়। এংৰিষ্ট আৰু ইমবেন্সে "কাৰণমূলক সম্পৰ্কৰ বিশ্লেষণত তেওঁলোকৰ পদ্ধতিগত অৱদানৰ বাবে" বঁটাটোৰ এক চতুৰ্থাংশকৈ লাভ কৰে। আনহাতে কাৰ্ডে "শ্ৰমিক অৰ্থনীতিত তেওঁৰ অভিজ্ঞতামূলক অৱদানৰ বাবে" বঁটাৰ লগত মুঠ ধনৰাশিৰ অৰ্ধাংশ লাভ কৰে। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ১৯৬৩ চনৰ ৩ ছেপ্টেম্বৰত নেডাৰলেণ্ডৰ গেলড্ৰপত গুইডো উইলহেলমাছ ইমবেন্সৰ জন্ম হৈছিল। ১৯৭৫ চনত তেওঁৰ পৰিয়াল ডেউৰনেলৈ স্থানান্তৰ হয় আৰু তেওঁ পিললেণ্ডকলেজ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে। সৰুতে ইমবেন্স এজন উৎসাহী দবা খেলুৱৈ আছিল। ২০২১ চনৰ এটা সাক্ষাৎকাৰত ইমবেন্সে ইকনমেট্ৰিস্কৰ প্ৰতি থকা তেওঁৰ আগ্ৰহক ডবা খেলৰ প্ৰতি তেওঁৰ শৈশৱৰ আগ্ৰহৰ সৈতে সংযুক্ত কৰিছিল। ইমবেন্সে ১৯৮৩ চনত ইৰাচমাছ বিশ্ববিদ্যালয় ৰটাৰডামৰ পৰা ইকনোমেট্ৰিস্কত প্ৰাৰ্থীৰ ডিগ্ৰী (স্নাতক ডিগ্ৰীৰ সম্পৰ্যায়ৰ) ডিগ্ৰী লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ১৯৮৬ চনত যুক্তৰাজ্যৰ কিংষ্টন আপন হালৰ হাল বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি আৰু ইকনোমেট্ৰিস্কত সুখ্যাতিৰে এমএছচি ডিগ্ৰী লাভ কৰে। ১৯৮৬ চনত হাল বিশ্ববিদ্যালয়ৰ ইমবেন্সৰ এজন পৰামৰ্শদাতা এন্থনী লেঙ্কাষ্টাৰে ৰ'ড আইলেণ্ডৰ প্ৰভিডেন্সৰ ব্ৰাউন বিশ্ববিদ্যালয়লৈ স্থানান্তৰিত হয়। ইমবেন্সে উচ্চ শিক্ষাৰ বাবে লেঙ্কাষ্টাৰক ব্ৰাউন বিশ্ববিদ্যালয়লৈ অনুসৰণ কৰিছিল। ইমবেন্সে ক্ৰমান্বয়ে ১৯৮৯ আৰু ১৯৯১ চনত ব্ৰাউন বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিজ্ঞানৰ এএম আৰু পিএইচডি ডিগ্ৰী লাভ কৰিছিল। কৰ্মজীৱন ইমবেন্সে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় (১৯৯০-৯৭, ২০০৬-১২), টিলবাৰ্গ বিশ্ববিদ্যালয় (১৯৮৯-১৯৯০), কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, লছ এঞ্জেলছ (১৯৯৭-২০০১), আৰু কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলে (২০০২-০৬)ত অধ্যাপনা কৰিছে। তেওঁ অৰ্থনীতি বিজ্ঞানৰ ইক'ন'মেট্ৰিকৰ বিশেষজ্ঞ। ই হৈছে কাৰণমূলক অনুমান অংকন কৰাৰ বাবে এক নিৰ্দিষ্ট পদ্ধতি। তেওঁ ২০১৯ চনত ইকনোমেট্ৰিকাৰ সম্পাদক হিচাপে নিৰ্বাচিত হওঁ আৰু ২০২৩ চনলৈকে তেওঁ এই পদত অধিষ্ঠিত থাকিব। ২০২১ চনলৈকে তেওঁ ষ্টেনফৰ্ড গ্ৰেজুৱেট স্কুল অৱ বিজনেছৰ এপ্লাইড ইকনোমেট্ৰিকছ এণ্ড ইকনমিক্সৰ অধ্যাপক। তেওঁ ষ্টেনফৰ্ড ইনষ্টিটিউট ফৰ ইকনমিক পলিচী ৰিচাৰ্ছ (এছ.আই.ই.পি.আৰ.)ৰ এজন জ্যেষ্ঠ সভ্য আৰু তেওঁ এই প্ৰতিষ্ঠানৰ মানৱবিজ্ঞান আৰু বিজ্ঞান বিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপক। ইমবেন্স ইকনোমেট্ৰিক চছাইটি (২০০১) আৰু আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্সেছ (২০০৯)ৰ এজন সভ্য। ইমবেন্স ২০১৭ চনত ৰয়েল নেডাৰলেণ্ড একাডেমী অৱ আৰ্টছ এণ্ড চাইন্সেছৰ বিদেশী সদস্য নিৰ্বাচিত হয়। ২০২০ চনত তেওঁ আমেৰিকান ষ্টেটিষ্টিকেল এছ'চিয়েশ্যনৰ সভ্য হিচাপে নিৰ্বাচিত হয়। ইকন'মেট্ৰিক্স আৰু কাৰণমূলক সম্পৰ্কৰ ওপৰত গৱেষণা জছুৱা এংৰিষ্ট আৰু এলান ক্ৰুয়েগাৰকে ধৰি সহযোগী অৰ্থনীতিবিদসকলৰ সৈতে গৱেষণা কৰি ইমবেন্সে বাস্তৱ জীৱনৰ তত্ত্ববোৰ পৰীক্ষা কৰিবলৈ অৰ্থনীতিবিদসকলক প্ৰাকৃতিক পৰীক্ষা-নিৰীক্ষা বুলি জনা জাত বাস্তৱ জীৱনৰ পৰিস্থিতি ব্যৱহাৰ কৰাত সহায় কৰা পদ্ধতি আৰু ফ্ৰেমৱৰ্ক বিকশিত কৰাত গুৰুত্ব দিছিল। বিশেষকৈ তেওঁৰ অধ্যয়নৰ জৰিয়তে তেওঁ কাৰণমূলক সম্পৰ্ক বিশ্লেষণ কৰাত সহায় কৰিছিল। তেওঁৰ অধ্যয়নৰ জৰিয়তে বিশ্লেষণ কৰা কিছুমান সমস্যাৰ বিবৃতিত মহাবিদ্যালয়ৰ শিক্ষাৰ প্ৰভাৱ বা উপাৰ্জনৰ ওপৰত অতিৰিক্ত বছৰৰ শিক্ষা অন্তৰ্ভুক্ত আছিল। কাৰণমূলক সম্পৰ্ক অধ্যয়নৰ বাবে তেওঁৰ ফ্ৰেমৱৰ্কসমূহে সামাজিক আৰু জৈৱ চিকিৎসা বিজ্ঞানকে ধৰি আন একাধিক ক্ষেত্ৰত ব্যৱহাৰ পাইছিল। তেওঁৰ গৱেষণায়ে বিভিন্ন শাখাৰ গৱেষকসকলক বাস্তৱ-পৃথিৱীৰ পৰীক্ষা-নিৰীক্ষাৰ সীমাবদ্ধতা বুজিবলৈ সঁজুলি প্ৰদান কৰিছে যি ক্ষেত্ৰ আৰু পৰীক্ষামূলক তথ্য আধাৰিত হস্তক্ষেপৰ প্ৰভাৱ ভালদৰে বুজি পোৱাৰ ক্ষমতা উন্নত কৰে। গৱেষকসকলৰ বাবে অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰত নতুন নিয়মাৱলীৰ প্ৰভাৱ অধ্যয়ন কৰা আৰু ৰোগীৰ ওপৰত নতুন ঔষধৰ কাৰ্যকৰীতাৰ ওপৰত অধ্যয়ন কৰাৰ দৰে বিবিধ গৱেষণাৰ লগত জড়িত সমস্যা বিশ্লেষণ কৰাৰ বাবে পদ্ধতিবোৰ উপযোগী হৈছে। এংৰিষ্টৰ সৈতে তেওঁৰ প্ৰাৰম্ভিক সহযোগিতাবোৰৰ অন্যতম এক অধ্যয়নত ইমবেন্সে স্থানীয় গড় চিকিৎসা প্ৰভাৱ (লেট) নামৰ এটা মডেল প্ৰৱৰ্তন কৰিছিল যি গৱেষণাবোৰক পৰ্যৱেক্ষণমূলক তথ্যৰ পৰা কাৰণগত অনুমান আহৰণ কৰাত সহায় কৰিছিল। ১৯৯৪ চনত "স্থানীয় গড় চিকিৎসা প্ৰভাৱৰ চিনাক্তকৰণ আৰু অনুমান" শীৰ্ষক এক ইকনোমেট্ৰিকা কাকতত মডেলটোৰ বিষয়ে বৰ্ণনা কৰি তেওঁলোকে প্ৰাকৃতিক পৰীক্ষাৰ ধাৰণাটো ব্যৱহাৰ কৰিছিল। এই ধাৰণাসমূহ মুখ্য পৰিৱৰ্তনৰ প্ৰভাৱ অধ্যয়ন কৰিবলৈ নিয়ন্ত্ৰিত পৰিস্থিতিৰ বিপৰীতে বাস্তৱ পৃথিৱীৰ ঘটনা আৰু পৰিস্থিতি আছিল। এনে কৰোতে তেওঁলোকে নিয়ন্ত্ৰিত অনুকৰণৰ সলনি বাস্তৱ পৃথিৱীত স্বাভাৱিকতে সংঘটিত ভূমিকাৰ সুযোগ আৰু যাদৃচ্ছিককৰণৰ সুবিধা গ্ৰহণ কৰিছিল। এয়া ব্যয়বহুল, সময় সাপেক্ষ বা আনকি অনৈতিকো হ'ব পাৰে। কাকত আৰু আৰ্হিটোৱে ইকন'মেট্ৰিক, পৰিসংখ্যা আৰু অন্যান্য ক্ষেত্ৰত অন্যান্য গৱেষণা প্ৰচেষ্টাৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল। বাহ্যিক সংযোগ অৰ্থনীতিবিদ অৰ্থনীতিৰ ন'বেল বঁটা বিজয়ী জীৱিত
82871
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%20%E0%A6%89%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%A4%E0%A7%B0%20%E0%A6%B6%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%20%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%AF%E0%A6%BE%E0%A6%A8%2C%20%E0%A6%85%E0%A6%B8%E0%A6%AE
ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, অসম
ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান আঁচনি খন ২০১৩-১৪ বিত্তীয় বৰ্ষৰ পৰাই অসমত প্ৰবৰ্তন কৰি থকা হৈছে। এই আঁচনি খন হৈছে কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনি য’ত কেন্দ্ৰীয় আৰু ৰাজ্যিক পুঁজি অংশ ৯০:১০ অনুপাতত অসমত ৰূপায়ণ কৰা হৈছে। আঁচনিখনৰ মুখ্য উদ্দেশ্য হৈছে উচ্চ শিক্ষাৰ ক্ষেত্ৰ খনিত প্ৰৱেশাধিকাৰ, উৎকৃষ্টতা আৰু সমতা সুনিশ্চিত কৰা। আঁচনিখনৰ ৰূপায়ণৰ মুখ্য কাৰ্য্যালয় গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত। আঁচনিখনৰ কাৰ্য্যালয়ৰ নিজা গৃহৰ সম্পূৰ্ণ ঠিকনা হ’ল মিছন সঞ্চালক ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, অসম কাহিলীপাৰা, পণ্ডিত দীনদয়াল উপাধ্যায় পথ, গুৱাহাটী ৭৮১০১৯ দূৰভাষ নম্বৰঃ ০৩৬১-৩৫১১৭৩৩ ই-মেইলঃ মূল আধাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান আঁচনিখন অসমত এতিয়ালৈকে দুটা পৰ্য্যায়ত ৰূপায়ণ হৈ আছে। ২০১৩-১৪ চনৰ পৰা ২০১৮-১৯ চনৰ সময়ত ৰুচা ১.০ ৰ অধীনৰ পুঁজিৰ অনুমোদন সমূহ লাভ কৰা হৈছিল। আনহাতে ২০১৯ চনৰ পৰা আজি পৰ্য্যন্ত ৰুচা ২.০ ৰ পুঁজি অনুমোদন চলি আছে। চলিত বিত্তীয় বৰ্ষতে ৰুচাৰ ৩.০ ৰ আঁচনি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নতুনকৈ ৰূপায়ণ হ’ব। ৰুচা ১.০ ৰ আৰু ২.০ ৰ সময়ত কেন্দ্ৰীয় চৰকাৰে আঁচনিখনৰ ৰূপায়ণৰ নিয়মাৱলী সমূহ উল্লেখ কৰি গাইডলাইন জাৰি কৰিছিল। উক্ত দুয়োখন গাইডলাইনে ৰুচা অসমৰ কাৰ্য্যালয়ৰ চৰকাৰী বেৱচাইট ত উপলব্ধ আছে। ৰুচা ৩.০ ৰ নীতি নিৰ্দেশনা সমূহ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা গাইডলাইনত প্ৰকাশ কৰাৰ পাছতে উক্ত গাইডলাইনো ৰুচা বেৱচাইটত অদ্যৱদি কৰা হ’ব। আঁচনি ৰূপায়ণৰ ৰূপৰেখা ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, অসমৰ চৰকাৰী বেৱচাইট ত ৰুচা ১.০ আৰু ২.০ আঁচনি ৰূপৰেখা অধিক বিতংকৈ উল্লেখ আছে। চমুকৈ এই দুয়োখন আঁচনিৰ ৰূপায়ণৰ ৰূপৰেখা তলত দাঙি ধৰা হ’লঃ ৰুচা ১.০ ৰুচা ১.০ অধীনত ৬টা উপাদানত সৰ্বমুঠ ১৪৪ খন উচ্চ শিক্ষানুষ্ঠানক পুঁজিৰ যোগান ধৰা হয়। ইয়াৰ সৰহ সংখ্যক পুঁজিৰ আৱণ্টনৰ মূল উদ্দেশ্য হৈছে মহাবিদ্যালয় তথা বিশ্ববিদ্যালয় সমূহৰ আন্তঃগাঁঠনিৰ উন্নয়ণ। ৰুচা ১.০ অধীনত পুঁজি লাভ কৰা উপাদান সমূহ আৰু হিতাধিকাৰী উচ্চ শিক্ষা অনুষ্ঠান সমূহৰ সবিশেষ তলত উল্লেখ কৰা হ’ল (১) বিশ্ববিদ্যালয় আন্তঃগাঁঠনি মূলক পুঁজিঃ- ২ খন বিশ্ববিদ্যালয় (২) মহাবিদ্যালয় আন্তঃগাঁঠনি মূলক পুঁজিঃ- ৯৩ খন মহাবিদ্যালয় (৩) মহাবিদ্যালয়সমূহক আদৰ্শ মহাবিদ্যালয়লৈ উন্নিত কৰণৰ পুঁজিঃ- ৫ খন মহাবিদ্যালয় (৪) নতুন আদৰ্শ মহাবিদ্যালয় স্থাপনঃ- ১২ খন (৫) নতুন কাৰিকৰী মহাবিদ্যালয় স্থাপনঃ- ৩ খন (৬) সমতাৰ পদক্ষেপৰ পুঁজিঃ- ২৯ খন ৰুচা ২.০ ৰুচা ২.০ অধীনত ৬ টা উপাদানত সৰ্বমুঠ ১৩৩ খন উচ্চ শিক্ষানুষ্ঠানক পুঁজিৰ যোগান ধৰা হয়। উপাদান আৰু শিক্ষানুষ্ঠানৰ সবিশেষ তলত উল্লেখ কৰা হ’ল। (১) বিশ্ববিদ্যালয়ৰ আন্তঃগাঁঠনি মূলক পুঁজিঃ- ২ খন বিশ্ববিদ্যালয় (২) মহাবিদ্যালয়ৰ আন্তঃগাঁঠনি মূলক পুঁজিঃ- ১১১ খন মহাবিদ্যালয় (৩) মহাবিদ্যালয়সমূহক আদৰ্শ মহাবিদ্যালয়লৈ উন্নিত কৰণৰ পুঁজিঃ- ১২ খন মহাবিদ্যালয় (৪) নতুন আদৰ্শ মহাবিদ্যালয় স্থাপনঃ- ৫ খন (৫) সমতাৰ পদক্ষেপৰ পুঁজিঃ- ২ খন (৬) শিক্ষক প্ৰশিক্ষণৰ পুঁজিঃ- ১ খন ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা আঁচনি ৰূপায়ণৰ গুৰুত্বপূৰ্ণ অভিলেখ- (১) প্ৰজেক্ট মণিটৰিং চিষ্টেমঃ ৰুচা অসমে নিজাববীয়াকৈ হিতাধিকাৰী প্ৰতিষ্ঠানত ৰুচা প্ৰকল্পৰ পৰ্য্যবেক্ষণৰ বাবে প্ৰজেক্ট মণিটৰিং চিষ্টেম নামৰ এটা অনলাইন পৰ্টেল বিকাশ কৰি উলিয়াইছে। উক্ত পৰ্টেলৰ যোগেদি শিক্ষানুষ্ঠান সমূহত ৰুচাৰ দ্বাৰা পুঁজি প্ৰাপ্ত প্ৰকল্প সমূহৰ দৈনন্দিন কামৰ অগ্ৰগতি অনলাইনতে চাব পাৰি। চিষ্টেমটো এইদৰে বিকাশ কৰা হৈছে যে ৰুচা অসমৰ দ্বাৰা প্ৰজেক্ট নম্বৰসহ বিভিন্ন প্ৰকল্পত মুকলি কৰা পুঁজিৰ সৱিশেষ তথ্য প্ৰজেক্ট হিচাপে হিতাধিকাৰী শিক্ষানুষ্ঠান সমূহে অদ্যৱদি কৰিব পাৰে। উক্ত তথ্য সমূহ হৈছে প্ৰজেক্টৰ আৱণ্টিত পুঁজি, মুকলি কৰা পুঁজি কিস্তি হিচাপত, খৰছ কৰা পুঁজি, প্ৰজেক্টৰ অগ্ৰগতিৰ ফটো, কামৰ দৈনন্দিন অগ্ৰগতি ইত্যাদি। চিষ্টেমৰ জড়িয়তে যিকোনো প্ৰজেক্টৰ অধীনত ৰুচা কৰ্তৃপক্ষৰ তৰফৰ পৰা জাননী অথবা নিৰ্দেশ দিয়াৰ ব্যৱস্থাও চিষ্টেমটোত ৰখা হৈছে। এই চিষ্টেমৰ জড়িয়তে শিক্ষানুষ্ঠানৰ পৰ্য্যায়ত বিভিন্ন ৰুচা প্ৰজেক্টৰ দৈনন্দিন পৰ্য্যবেক্ষণ স্বচ্চ আৰু নিখুঁত ভাৱে কৰা সম্ভৱ হৈ উঠিছে। (২) ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান অসমৰ কাৰ্য্যালয়ৰ দৈনন্দিন কামকাজ সমূহ আৰু বেছি শৃংখলাবদ্ধভাৱে ৰাখিবলৈ ২০১৯ চনৰে পৰা কাৰ্য্যালয়টোত নিজাববীয়াকৈ সকলো কামকাজৰ বাবে ডিজিটেল চিষ্টেমৰ বিকাশ কৰা হৈছে। এনে চিষ্টেমসমূহে কাৰ্য্যালয়ৰ কামৰ নিখুঁটতা বৃদ্ধি কৰাৰ লগতে কামসমূহত স্বচ্চতা প্ৰদান কৰিছে। এনে ডিজিটেল চিষ্টেমসমূহ হৈছে (৩) ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান অসমে কাৰ্য্যালয়ৰ একাউণ্টিং চিষ্টেমৰ ডিজিটেলাইজ কৰিবৰ বাবে নিজাববীয়াকৈ বিভিন্ন পৰ্টেল বিকাশ কৰি উলিয়াইছে। উক্ত পৰ্টেল সমূহ হৈছে উক্ত পৰ্টেলসমূহৰ দ্বাৰা কাৰ্য্যালয়ৰ সকলো বিত্তীয় হিচাব নিয়াৰিকৈ, সুশৃখলাৱদ্ধভাৱে আৰু স্বচ্চতাৰে সংৰক্ষণ সম্ভৱ হৈ উঠিছে। (৪) উষা, জোনাকী আৰু বাঁহী অসমীয়া ইউনিক’ড ফ’ণ্টৰ বিকাশ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান অসমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত দুটাকৈ ইউনিক’ড অসমীয়া ফ’ণ্ট- “উষা” আৰু “জোনাকী” ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে। উক্ত ফ’ণ্ট কেইটা ইউনিক’ড হোৱা বাবে ডিজিটেল মাধ্যমত ফ’ণ্ট কেইটা সহজতে ব্যৱহাৰৰ বাবে উপযোগী হয়। ফ’ণ্ট কেইটা যুক্তাক্ষৰ তথা অন্যান্য যেনে ইত্যাদি চিহ্ন ব্যৱহাৰৰ আসোঁৱাহৰ পৰা মুক্ত। ৰুচা ৱেবছাইটত ফ’ণ্ট কেইটা আৰু ইয়াৰ “কি ৱৰ্ড” বিনামূল্যে ৰাইজৰ বাবে উপলব্ধ কৰা হৈছে। ডিজিটেল মাধ্যমত অসমীয়া লিখনিসমূহ আৰু বেছি আটকধুনীয়া কৰিবলৈ ৰুচা অসমৰ তৃতীয়টো ইউনিক’ড ফণ্ট বাঁহীৰ বিকাশৰ কাম ইতিমধ্যে হাতত লোৱা হৈছে। উষা আৰু জোনাকী ফ’ণ্টল কেইটা ডাউনল’ডৰ লিংক হৈছে (৫) প্ৰজ্ঞা- ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান অসমে ২০২০ চনৰ পৰাই “প্ৰজ্ঞা” নামেৰে এখনি ই- আলোচনী প্ৰকাশ কৰি আহিছে প্ৰজ্ঞা আলোচনীখনৰ এতিয়ালৈকে চাৰিটা সংখ্যা প্ৰকাশ হৈছে আৰু পঞ্চমটো সংখ্যা প্ৰকাশ হ’বলৈ গৈ আছে। প্ৰজ্ঞাৰ প্ৰতিটো সংখ্যাতে অসমৰ উচ্চ শিক্ষা জগত খনৰ লগত সংগতি ৰাখি প্ৰৱন্ধসমূহ প্ৰকাশ কৰা হৈছে। ই-মেগাজিন খনিত বৌদ্ধিক জগতৰ বিশিষ্ট্য ব্যক্তিসকলৰ লিখনিৰ উপৰিও বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়ত অধ্যয়ণৰত ছাত্ৰ- ছাত্ৰীসকলে লিখা গৱেষণামূলক প্ৰৱন্ধ সমূহকো স্থান দিয়া হৈছে। উক্ত গৱেষণামূলক প্ৰৱন্ধসমূহৰ সৰহ সংখ্যকেই ৰাজ্যৰ উচ্চশিক্ষা জগতখন তথা নতুন শিক্ষা নীতি ২০২০ ৰ লগত সম্পৰ্ক থকা। এনে গৱেষণামূলক প্ৰন্ধৰ বাবে ছাত্ৰ- ছাত্ৰীসকলক ৰুচা অসমৰ তৰফৰ পৰা এককালিন মাননি দিয়াৰো ব্যৱস্থা কৰা হৈছে। ই- মেগাজিন খনৰ লিংক হৈছে (৬) প্ৰকাশন- ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান অসমৰ দ্বাৰা প্ৰকাশিত পুথি সমূহ হৈছে- ক) 1.0 খ) গ) ঘ) ঙ) চ) “উচ্চ শিক্ষাৰ সমীক্ষাত্মক
29242
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A6%9E%E0%A7%8D%E0%A6%9C%E0%A6%A8%20%E0%A7%B0%E0%A6%B6%E0%A7%8D%E0%A6%AE%E0%A6%BF
ৰঞ্জন ৰশ্মি
ৰঞ্জন ৰশ্মি ক্ষুদ্ৰ তৰঙ্গ বিশিষ্ট এক ধৰণৰ ত্বৰিক চৌম্বিক বিকিৰণ। ইয়াৰ আন এক নাম এক্স-ৰে ৰঞ্জনৰশ্মিৰ তৰঙ্গ দৈৰ্ঘ্য (সাধাৰণতে ১০-০.০১ নেন'মিটাৰ) সাধাৰণ পোহৰতকৈ অনেক কম কাৰণে ইয়াক খালি চকুৰে দেখা নাযায়। ১৮৯৫ চনত উইলিয়াম ৰণ্টজেনে এই ৰশ্মিৰ আৱিষ্কাৰ কৰে। তৰঙ্গদৈৰ্ঘ্য যিমানেই চুটি হয় পদাৰ্থ ভেদ কৰাৰ ক্ষমতা সিমানেই বেছি হয়। চিকিৎসাক্ষেত্ৰত ৰোগনিৰ্ণয়ত যুগান্তকাৰী পৰিবৰ্তন আনিছে ৰঞ্জন ৰশ্মিয়ে। বৈশিষ্ট্য এক্সৰে আৰু সাধাৰণ পোহৰৰ মাজত প্ৰধান পাৰ্থক্য হ'ল ইয়াৰ তৰঙ্গ দৈৰ্ঘ্য। সাধাৰণ পোহৰৰ তৰঙ্গ দৈৰ্ঘ্য ৰ পৰা পৰ্যন্ত। এক্সৰেৰ তৰঙ্গ দৈৰ্ঘ্য ৰ পৰা পৰ্যন্ত। সাধাৰণ পোহৰ দৃশ্যমান আৰু বিভিন্ন ৰঙত বিভক্ত হয়। কিন্তু এক্সৰে দৃশ্যমান নহয়। এক্সৰে উচ্চ ভেদন ক্ষমতাসম্পন্ন। এক্সৰেই আয়ন সৃষ্টিকাৰী বিকিৰণ গেছৰ মাজেদি সৰকি যোৱাৰ সময়ত গেছক আয়নিত কৰে, কিন্তু সাধাৰণ পোহৰে সেইটো নকৰে। প্ৰকাৰভেদ কোমল এক্সৰে এক্সৰে যন্ত্ৰত কম বিভৱ পাৰ্থক্য প্ৰয়োগ কৰি যি এক্সৰে পোৱা যায় অৰ্থাৎ যি এক্সৰেৰ তৰঙ্গ দৈৰ্ঘ্য অপেক্ষাকৃত বেছি, ফলত ভেদন ক্ষমতা অপেক্ষাকৃত কম, তাকে কোমল এক্সৰে বোলে। কঠিন এক্সৰে এক্সৰে যন্ত্ৰত বেছি বিভৱ পাৰ্থক্য প্ৰয়োগ কৰি যি এক্সৰে পোৱা যায় অৰ্থাৎ যি এক্সৰেৰ তৰঙ্গ দৈৰ্ঘ্য অপেক্ষাকৃত কম, ফলত ভেদন ক্ষমতা অপেক্ষাকৃত বেছি, তাকে কঠিন এক্সৰে বোলে। একক এক্সৰেৰ একক হল ৰণ্টজেন। এক ৰণ্টজেন বুলিলে সেই পৰিমাণৰ বিকিৰন বুজায় যি স্বাভাবিক চাপ আৰু তাপমাত্ৰাত এক মিলিমিটাৰ বায়ুত এক স্থিৰ বৈদ্যুতিক আধানৰ সমান আধান উৎপন্ন কৰিব পাৰি। আবিষ্কাৰ বিজ্ঞানী ৰণ্টজেনে তড়িৎক্ষৰন নলীত পাৰদ চাপত বায়ুৰ মাজত তড়িৎৰক্ষনৰ পৰীক্ষা কৰিবলৈ গৈ লক্ষ্য কৰে যে, নলীৰ পৰা কিছু দূৰত অবস্থিত বেৰিয়াম প্লাটিনোচাইনাইড আবৃত পৰ্দাত প্ৰতিপ্ৰভাৰ সৃষ্টি হৈছে। পাছত তেওঁ আবিষ্কাৰ কৰে যে, তড়িৎক্ষৰন নলীৰ পৰা ক্যাথোড ৰশ্মি যেতিয়া নলীয়েদি গৈ দেৱালত পৰে তেতিয়া এই ৰশ্মিৰ উৎপত্তি হয়। তেওঁ এই ৰশ্মিৰ নাম ৰাখে এক্সৰে ৰশ্মি বা এক্সৰশ্মি। সংজ্ঞা দ্ৰুতগতিসম্পন্ন ইলেক্ট্ৰনে কোনো ধাতুক আঘাত কৰিলে তাৰ পৰা অতি ক্ষুদ্ৰ তৰঙ্গ দৈৰ্ঘ্যৰ আৰু উচ্চ ভেদন ক্ষমতা সম্পন্ন এক প্ৰকৃতিৰ বিকিৰণ উৎপন্ন হয়। এই বিকিৰণকে এক্সৰে বা )বোলা হয়। উৎপাদন ফিলামেণ্টে -ৰ ভিতৰেদি প্ৰবাহিত তড়িৎপ্ৰবাহ ক্যাথোড -ক উত্তপ্ত কৰে। ইলেক্ট্ৰন তাপীয় নিঃসৰণ প্ৰক্ৰিয়াত ই এক্সৰে টিউবৰ প্ৰয়োজনীয় অংশ ক্যাথোডৰ পৰা মুক্ত হৈ আহে। তাৰপাছত এটা অতি উচ্চ বিভব প্ৰভেদ -ৰ দ্বাৰা ইলেণ্ট্ৰন সমূহৰ ত্বৰিত হয় আৰু আ্যনোডৰূপী লক্ষবস্তু -ত আঘাত কৰে। ফলত এক্সৰে উৎপন্ন হয়। ধৰ্ম এই ৰশ্মিয়ে সৰলৰেখাত গতি কৰে। ই অত্যধিক ভেদন ক্ষমতাসম্পন্ন। এক্সৰে তড়িৎচৌম্বক তৰঙ্গ, তড়িৎক্ষেত্ৰ বা চৌম্বকক্ষেত্ৰৰ দ্বাৰা ই বিচ্যুত নহয়। ইয়াৰ তৰঙ্গ দৈৰ্ঘ্য তেনেই চুটি। সাধাৰণ পোহৰৰ তুলনাত এক্সৰেৰ প্ৰতিফলন, প্ৰতিসৰণ, ব্যতিচাৰ, অপবৰ্তন আৰু পোলাৰায়ন হৈ থাকে। ফটোগ্ৰাফিক প্লেটৰ ওপৰতো ইয়াৰ প্ৰতিক্ৰিয়া আছে। এই ৰশ্মিৰ আলোক তড়িৎ ক্ৰিয়া আছে। জিঙ্ক চালফাইড, বেৰিয়াম প্লাটিনোচাইনাইড প্ৰভৃতি পদাৰ্থত এই ৰশ্মিয়ে প্ৰতিপ্ৰভাৰ সৃষ্টি কৰে। ই আয়ন সৃষ্টিকাৰী বিকিৰন। ই আধান নিৰপেক্ষ। ব্যৱহাৰ চিকিৎসা বিজ্ঞানত ইয়াৰ ব্যৱহাৰ স্থানচ্যুত হাড়, হাড়ত দাগ বা ফাঁট, ভাঙি যোৱা হাড়, শৰীৰৰ ভিতৰৰ যিকোনো অংগৰ বা হাওঁফাওঁৰ কোনো ক্ৰুতি, দাঁতৰ বিসংগতি ইত্যাদিৰ অবস্থান নিৰ্ণয়ত ব্যবহৃত হয়। চিটি স্কেন হ’ল কম্পিউটাৰৰ সহায়ত ৰঞ্জন ৰশ্মিৰ দ্বাৰা গৃহীত চিত্ৰ সংৰক্ষিত কৰি ত্ৰিমাত্ৰিক বা প্ৰস্থছেদ চিত্ৰ বনোৱাৰ ব্যৱস্থা। কেঞ্চাৰৰ চিকিৎসাত ৰঞ্জন ৰশ্মিৰ বিকিৰণ ব্যবহৃত হয়। পৰিপাক নলীৰে খাদ্যবস্তুৰ গমন পথ অনুসৰণ, আলচাৰ নিৰ্ণয় ইত্যাদিৰ বাবে ব্যৱহাৰ কৰা হয়। শিল্পত ব্যৱহাৰ ধাতব ঢালাইৰ দোষ ত্ৰুটিপূৰ্ণ ৱেল্ডিং, ধাতব পাতৰ গাঁত ইত্যাদি নিৰ্ণয়ত ব্যৱহৃত হয়। কেলাস গঠন পৰীক্ষাত এক্সৰে ব্যৱহৃত হয় আৰু স্বৰ্ণকাৰসকলে ইয়াৰ সহায়ত আচল বা নকল গহনা চিনাক্ত কৰিব পাৰে। টফি- লজেন্স, চিগাৰেট ইত্যাদিৰ মান ঠিকে আছে নে নাই বা টফি- লজেন্সত ক্ষতিকাৰক কিবা মিশ্ৰিত হৈছে নেকি তাক জনাৰ বাবে ব্যৱহৃত হয়। অনুসন্ধান বিভাগত ব্যৱহাৰ কাঠৰ বক্স বা চামৰাৰৰ মোনাত বিস্ফোৰক লুকুৱাই ৰাখিলে তাক বিচাৰি উলিওৱাত ব্যৱহাৰ কৰা হয়। কাষ্টম কৰ্মকৰ্তাসকলে চোৰাং মালৰ অনুসন্ধান কৰাত ব্যৱহাৰ কৰে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ 1896 50,000 ৰোগনিৰ্ণয় বিদ্যুৎ চুম্বকীয় বিকিৰণ ৰঞ্জন
40583
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A7%87%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A7%B0%20%E0%A6%9A%E0%A6%B9%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE
সৰ্বেশ্বৰ চহৰীয়া
সৰ্বেশ্বৰ চহৰীয়া হৈছে এজন বৃক্কৰ বিশেষজ্ঞ আৰু বৃক্ক তথা অগ্নাশয় প্ৰতিষ্ঠাপন চাৰ্জৰীৰ চিকিৎসক। ভাৰতৰ প্ৰথম বৃক্ক প্ৰতিষ্ঠাপন অস্ত্ৰোপচাৰ দলৰ তেওঁ এজন অন্যতম সদস্য আছিল। অসমৰ প্ৰথম দহটা বৃক্ক প্ৰতিষ্ঠাপনৰ অস্ত্ৰোপচাৰ তেওঁৰ নামত আছে। শল্যচিকিৎসাবিজ্ঞানৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ডাঃ চহৰীয়াক ২০১৪ বৰ্ষৰ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হয়। বৰ্তমান চহৰীয়া হায়দৰাবাদ তেলঙ্গানাৰ বাসিন্দা আৰু মৃতদেহ অঙ্গদান সজাগতাৰ লগত জড়িত। জীৱনী জন্ম ডাঃ চহৰীয়াৰ জন্ম ১৯৪৫ চনৰ ১ এপ্ৰিলত দৰং জিলাৰ মঙলদৈৰ এখন ভিতৰুৱা গাঁৱত হৈছিল। শিক্ষা-দীক্ষা ডাঃ চহৰীয়াই প্ৰাথমিক শিক্ষা স্থানীয় বিদ্যালয়ত সাং কৰাৰ পাছত ১৯৫৪ চনত মঙলদৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰে। ১৯৬১ চনত একেখন বিদ্যালয়ৰ পৰাই জীৱবিজ্ঞান বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্ব্বোচ্চ নম্বৰলৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হয়। এই নম্বৰৰ আধাৰতে তেওঁ ১৯৬২ চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰে। ১৯৬৭ চনত বিশ্ববিদ্য়ালয়ৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰি ডাঃ চহৰীয়া পৰীক্ষাত উত্তীৰ্ণ হয়। প্ৰশিক্ষণ সেই সময়ত অসমত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সুবিধা নথকাৰ বাবে ডাঃ চহৰীয়া নতুন দিল্লীৰ চফদৰজং চিকিৎসালয়ত কৰিবলৈ লয়। প্ৰায় এবছৰৰ পাছত তেওঁ সন্মানীয় চণ্ডীগড়ত শল্যচিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ আসন লাভ কৰে আৰু ১৯৭৫ চনত ব্ৰঞ্জৰ পদকসহ ডিগ্ৰী লাভ কৰে। চাকৰি জীৱন ডাঃ চহৰীয়াই ১৯৭৬ চনত পুল অফিচাৰ হিচাপে ত চাকৰি জীৱনৰ আৰম্ভণি কৰে। ১৯৭৮ চনৰ পৰা ১৯৮১ লৈকে ত শিক্ষক হিচাপে কৰ্মৰত থাকে। পাছত হায়দৰাবাদত ১৯৮১-১৯৮৫ লৈকে বিভাগীয় মুৰব্বী হিচাপে যোগদান কৰে। ইয়াতেই ১৯৮১ চনত ডাঃ চহৰীয়াই অন্ধ্ৰপ্ৰদেশৰ প্ৰথম বৃক্ক প্ৰতিষ্ঠাপনৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে। ১৯৮৫ চনত তেওঁ স্বইচ্ছাৰে চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। চাকৰিৰ পাছৰ কালছোৱা বৰ্তমান ডাঃ চহৰীয়াই ভাৰতৰ বিভিন্ন চিকিৎসালয়ত সেৱা আগবঢ়াই আছে তাৰে ভিতৰত আৰু অন্যতম। বৰ্তমান বাসস্থান ডাঃ চহৰীয়া বৰ্তমান হায়দৰাবাদৰ জুবলী হিলচ নামৰ টেলেংগাণা ৰাজ্যৰ অভিজাত অঞ্চলৰ বাসিন্দা। উল্লেখ্য যে জুবলী হিলচ অন্ধ্ৰ প্ৰদেশৰ বিখ্যাত অভিনেতা-অভিনেত্ৰী, নিৰ্দেশক তথা ৰাজনীতিবিদ সকলৰ ব্যক্তিগত আৱাসিক অঞ্চল। ডাঃ চহৰীয়াৰ ঠিকনা 256, 18, 500034 ব্যক্তিগত জীৱন ডাঃ চহৰীয়া বিবাহিত আৰু দুটি সন্তানৰ পিতৃ। মহান কাৰ্য্য ডাঃ চহৰীয়াৰ চিকিৎসা বিজ্ঞানৰ প্ৰতি অৱদান অতুলনীয়। ভাৰতৰ প্ৰথম বৃক্ক প্ৰতিষ্ঠাপনৰ চাৰ্জৰীৰ তেওঁ অন্যতম সদস্য আছিল। ১৯৮১ চনত তেওঁ হায়দৰাবাদৰ প্ৰথম বৃক্ক প্ৰতিষ্ঠাপনৰ চাৰ্জৰী কৰিছিল। অসমত প্ৰথম বাৰৰ বাবে বৃক্ক প্ৰতিষ্ঠাপনৰ চাৰ্জৰী ডাঃ চহৰীয়াই কৰিছিল। হায়দৰাবাদৰ প্ৰথম আৰু ভাৰতৰ সবাটোতকৈ সৰু (১৮ মহীয়া শিশু) আৰু সবাতোকৈ বয়সিয়াল (৭৮ বছৰীয়া বৃদ্ধ) ডাঃ চহৰীয়াৰ নামত আছে। ডাঃ চহৰীয়াই ১৯৮৮ চনত ভাৰতৰ প্ৰথম চাৰ্জৰী কৰে। তেওঁ ভাৰতত ৱাৰ্ধাৰ সহযোগত প্ৰথমবাৰৰ বাবে গাওঁলীয়া অঞ্চলত বৃক্ক প্ৰতিষ্ঠাপনৰ চাৰ্জৰী কৰিছিল। ডাঃ চহৰীয়াই বৰ্তমানৰলৈকে ৩০০০ ৰ ওপৰত বৃক্ক প্ৰতিষ্ঠাপন আৰু ৫০০০ ৰ ওপৰত ডায়েলাইচিছৰ বাবে ৰ চাৰ্জৰী কৰিছে। অসমৰ প্ৰতি অৱদান অসমৰ আৰ্থিকভাৱে দুৰ্বল বৃক্ক ৰোগীৰ বাবে ডাঃ চহৰীয়াৰ হায়দৰাবাদত নামেৰে শ্বেৰিটি চিকিৎসালয় আছে। তদপুৰি তেওঁৰ নামেৰে এটা ন্যাস আছে যাৰদ্বাৰা তেওঁ গুৱাহাটীত বিনামূলীয়া চিকিৎসাৰ নিদান আৰু বিনামূলীয়া ঔষধৰ যোগান ধৰা হয়। গৱেষণা ডাঃ চহৰীয়াই অঙ্গ প্ৰতিষ্ঠাপনৰ ওপৰত গৱেষণা কৰিছিল। গৱেষণাৰ পূৰ্বে জাপানৰ পৰা ওপত প্ৰশিক্ষণ লাভ কৰিছিল। ডাঃ চহৰীয়াই (অগ্নাশয় প্ৰতিষ্ঠাপন) ৰ বাবে নতুন পদ্ধতি উদ্ভাৱন কৰে। পদবীসমূহ 1985 1987 2006-2008 ডাঃ চহৰীয়া বিভিন্ন কনফাৰেন্সৰ আয়োজকমণ্ডলীত আছিল যেনে 1994 1999 1981 2003 ডাঃ চহৰীয়া তলৰ সংস্থাসমূহৰ সদস্য 1991-1993 2002 বটাঁ আৰু স্বীকৃতি শল্যচিকিৎসাবিজ্ঞানৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ডাঃ চহৰীয়াক ২০১৪ বৰ্ষৰ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হয়। ২০০০ চনত জৱাহৰলাল নেহৰু মেডিকেল কলেজ, ৱৰ্ধা, মহাৰাষ্ট্ৰই ডাঃ চহৰীয়াক হিচাপে নিযুক্তি দিয়ে। 1979 1983 2011 2008। লেখক হিচাপে আত্মপ্ৰকাশ ডাঃ চহৰীয়াই নিজ জীৱনৰ ১৯৭৪-২০০৪ অভিজ্ঞতাৰে শীৰ্ষক গ্ৰন্থ এখনি লিখি উলিয়াইছে। গ্ৰন্থখনি গুৱাহাটী শাখাই আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত উদ্বোধন কৰা হয়। বৈজ্ঞানিক প্ৰকাশন আনুষঙ্গিক তথ্য তথ্য অসমৰ ব্যক্তি চিকিৎসাবিদ জীৱিত ব্যক্তি পদ্মশ্ৰী বঁটা
66690
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0%20%E0%A6%95%E0%A7%81%E0%A6%81%E0%A6%B9%E0%A6%BF%E0%A6%B2%E0%A6%BE%20%E0%A6%B6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%AA
অসমৰ কুঁহিলা শিল্প
কুঁহিলা শিল্প অসমৰ এবিধ পাৰম্পৰিক লোককলা আৰু কুটিৰ শিল্প। কুঁহিলা পথাৰৰ পানী তল যোৱা ঠাইত হোৱা এবিধ গছ। কুঁহিলাৰ গা কোমল, সোপোকা আৰু পাতল। ইয়াৰ দ্বাৰা কঠ, পুতলা, মুখা, মূৰ্তি ইত্যাদি আদি তৈয়াৰ কৰা হয়। অসম আৰু পশ্চিম বংগৰ কিছু অঞ্চলত এই কুঁহিলা ব্যৱহাৰ কৰি অতীজৰে পৰা শিল্প চৰ্চা কৰি অহা হৈছে। এই শিল্প ঘাইকৈ অসমৰ ধুবুৰী, গোৱালপাৰাৰ কিছু অংশৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা, নলবাৰী জিলাৰ মাখিবাহা আৰু মাজুলীত দেখা যায়। সেইদৰে পশ্চিম বংগৰ বীৰভূমি জিলাত এই শিল্প বিদ্যমান। উৎপত্তি কুঁহিলা শিল্প ভাৰতৰ পশ্চিম বংগত আৰু অসমত উৎপত্তি হৈছিল। মুখ্যতঃ ভৌগোলিক কাৰণৰ বাবে কুঁহিলা উদ্ভিদ বৃদ্ধিৰ বাবে উপযুক্ত জলাশয়ৰ উপলব্ধতাৰ বাবে এই অঞ্চলত কুঁহিলা শিল্পৰ উদ্গম হৈছে। কুঁহিলাক ধুবুৰী, গোৱালপাৰাৰ স্থানীয় ভাষাত শোলা বোলা হয়। কুঁহিলা মুখ্যতঃ ধৰ্মীয় উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হয় বাবে ইয়াৰ সৈতে সম্পৰ্কিত এটা পৌৰাণিক কাহিনী আছে। কিংবদন্তীয়ে অনুসৰি শোলাবাটি নামৰ এজন স্বৰ্গীয় নৃত্যশিল্পী বাণাসুৰৰ প্ৰেমত পৰিছিল। তেজপুৰৰ ৰজা বাণাসুৰ এজন দানৱ আছিল। দেৱৰাজ ইন্দ্ৰয়ে ৰাক্ষসৰ প্ৰতি শোলাবাটিৰ স্নেহ প্ৰদৰ্শনত সুখী নাছিল সেয়েহে তেওঁ শোলাবাটিক শোলা বা কুঁহিলালৈ ৰূপান্তৰিত হবলৈ অভিশাপ দিছিল। শোলাবাটিয়ে ভগৱান ইন্দ্ৰক ক্ষমা খোজে আৰু ইয়াৰ ফলত দয়াৰ ভাৱত ইন্দ্ৰয়ে তেওঁৰ অভিশাপ সলনি কৰি কৈছিল যে কেৱল মালাকাৰ বা মালা নিৰ্মাতাসকলৰ হাততহে তেওঁ শুদ্ধ হ'ব আৰু তেওঁ আনৰ বাবে উপযোগী নহ'ব। এনেদৰে আজিলৈকে মালাকাৰসকলে শোলাপিথ বা কুঁহিলাৰ মালা প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰাৰ আগতে তেওঁলোকে কুঁহিলাক এডাল লাঠিৰে পানীত জুবুৰীয়াই ৰাখে আৰু বিশ্বাস কৰে যে তেওঁ এনে কৰিলে শোলাবাটিয়ে বাণাসুৰৰ সৈতে পুনৰ একত্ৰিত হয়। কুঁহিলা হিলা দ’ মাটিত হোৱা এবিধ উদ্ভিদ। মাহজাতীয় গোত্ৰৰ অন্তৰ্ভুক্ত হিলাৰ বৈজ্ঞানিক নাম হ’ল আৰু ই দুই প্ৰকাৰৰ— বন বা বনৰীয়া হিলা আৰু জাতি হিলা বা ঘৰুৱা হিলা। বন কুঁহিলা: ই বনৰীয়াকৈ যিকোনো স্থানত হয়। ইয়াৰ কাণ্ড বেছি টান হয়। মাখিপাতৰ আগ অংশত অৰ্দ্ধবৃত্তাকাৰ নহৈ দীঘলীয়া হয় আৰু ৰঙচুৱা দাগ থাকে বন কুঁহিলাক কামত ব্যৱহাৰ কৰা হয়। জাতি কুঁহিলা: ই পিতনিত হয়। কাণ্ডাংশ সোপোকা আৰু শকত হয়। মাখিপাতৰ আগ্ৰাংশ অৰ্দ্ধবৃত্তাকাৰ আৰু পাত সম্পূৰ্ণ সেউজীয়া হয়। ই শিল্পৰ কামত ব্যৱহাৰৰ উপযোগী। কুঁহিলাৰ ব্যৱহাৰ কুঁহিলাৰ শুকান কাষ্ঠাংশ চোকা কটাৰীৰে দীঘলে দীঘলে কাটি মৰাপাটৰ মিহি ৰচিত বৈ বেলেগ বেলেগ জোখৰ ৰং বিৰঙৰ কঠ তৈয়াৰ কৰা হয়। ইয়াৰ বজাৰত বেচ চাহিদা আছে। বাকলি গুচোৱা কাষ্ঠাংশৰ সোপোকা অংশ বিভিন্ন জোখৰ টুকুৰাটুকৰ কৈ কাটি বিশেষ কটাৰীৰ সহায়ত হাতেৰে দীঘলে দীঘলে ঘূৰাই ঘূৰাই চেপেটা, বহল টিছু কাগজৰ দৰে অংশ প্ৰস্তুত কৰা হয়। যিকোনো ধৰণে ভাঁজ দিব পৰা এই অংশবোৰৰ পৰা সুন্দৰ পুতলা লৰচৰ কৰিব পৰা কাছ, বগলী, ৰাজহাঁহ, ফুল, মুখা, মালা, দৰাৰ টুপি আদি তৈয়াৰ কৰা হয়। উল্লেখযোগ্য যে এই কাম কৰোঁতে ব্যৱহাৰ হোৱা ৰাস্তাৰ দাঁতিত হোৱা ঢেকীয়াগছৰ কোমল কোঁহৰ পৰা আঠা তৈয়াৰ কৰা হয়। পদ্ধতি প্ৰথম স্তৰত ফাগুন মাহত কুঁহিলাৰ বীজ চা হয়। বীজ বিলাক গজি ওলোৱালৈ সেই ঠাইত পানী লাহে লাহে বাঢ়ি এক কঁকাল পৰ্যন্ত হ’ব লাগে। অৰ্থাৎ গছ বিলাকৰ বৰ্ধণৰ লগে লগে বৰ্ষাৰ পানীৰ পৰিমাণ গুৰুত্বপূৰ্ণ। চ’ত, ব’হাগ, আহাৰ, ভাদ পৰ্যন্ত পানীত থকাৰ পিছত এই উদ্ভিদ সমূহ সম্পূৰ্ণ পুৰঠ আৰু কামৰ উপযোগী হয়। ভাদ মাহত হিলা কাটি আনি ৰ’দত ১০ ৰ পৰা ১৫ দিন পৰ্যন্ত শুকাই আটি আটি বান্ধি হৰ চাঙত তুলি থোৱা হয়। দ্বিতীয় পৰ্যায়ত কুঁহিলাৰ ভিতৰৰ কোমল, পাতল, উজ্জ্বল বগা হাতী দাঁতৰ দৰে অংশক কাটি উলিওৱা হয়। শিল্পীসকলৰ প্ৰয়োজনীয়তা অনুসৰি উদ্ভিদৰ কাণ্ডটো ৩ৰ পৰা ৮ ভাগত কটা হয়। তাৰ পিছত এটা তীক্ষ্ণ চুৰীৰে দীঘলীয়া চেপেটা টুকুৰা 'কাপ' আৰু বেছি পাতল চেপেটা টুকুৰা 'পাটুৰী'ক চুৰীটোৰে বৃত্তাকাৰ গতিত কাটি উলিওৱা হয়। এই পাতল টুকুৰা সমূহ অতিৰিক্ত জোৰ দিবলৈ কাগজত লগোৱা কৰা হয়। লগতে এলুমিনিয়ামৰ তাঁৰৰ সহায়ত অতিৰিক্ত সংলগ্নবোৰ মুখ্য শিল্পৰ শৰীৰত লগাই দিয়া হয়। ৰুক্ষতা চেইনিৰে ঘঁহি মসৃণ কৰা হয়। হিলা সমূহৰো বিভিন্ন কৰ্ম অনুযায়ী শিল্পীজনে ভাগ কৰে। তেনে ভাগ সমূহক তলত দিয়াৰ দৰে ভাগ কৰা হয়—- কাপুহাঃ- বহল পাট উঠাব পাৰি। ভবলাঃ- কাপুহাৰ দৰেই, কিন্তু গা-গছত সৰু হয়। বাতাঃ- পাট উঠাব পাৰি, কিন্তু ইয়াক ফুলত ব্যৱহাৰ কৰা হয়। মাঞ্জাঃ-বাতাৰ দৰেই। ইয়াক বেছিভাগ ফুল তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। পুতলা, জন্তু আৰু মানুহৰ ৰূপৰ বাবে এক নিৰ্দিষ্ট আকৃতি দিবলৈ বিভিন্ন সাঁচ ব্যৱহাৰ কৰা হয়। প্ৰস্তুতিৰ বাবে কুঁহিলা শিল্পীয়ে কলাকৃতিৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ চুৰী, বিভিন্ন ৰঙৰ ৰিবন, সোণ আৰু ৰূপৰ সূতা, আৰু ৰং ব্যৱহাৰ কৰে। এই পদ্ধতিবোৰৰ দ্বাৰা সৃষ্টি কৰা কিছুমান সামগ্ৰীৰ উদাহৰণ হৈছে: টোপাৰ (কইনা আৰু কইনাৰ পৰম্পৰাগত বঙালী মুকুট), দুৰ্গা মূৰ্তি, সদাগৰী নাও। এই শিল্পকলাবোৰৰ উপযোগিতাৰ গুৰুত্বৰ লগতে নান্দনিক আবেদনও আছে। অসমত কুঁহিলা শিল্পৰ গুৰুত্ব ধুবুৰী জিলাৰ গৌৰীপুৰ, বিলাসীপাৰা, গোলকগঞ্জৰ কিছু ভূঁইমালি আৰু মালাকাৰ সম্প্ৰদায়ৰ মাজত কুঁহিলা শিল্পৰ প্ৰচলন আছে। ঘাইকৈ খেৰবাৰী, ঘাচপুচাবাৰী আৰু শেৰনগৰ গাওঁ পঞ্চায়তৰ কিছু অংশৰ পৰিয়াল ইয়াৰ সৈতে জড়িত। সেইদৰে নলবাৰী জিলাৰ মাখিবাহা, নগাঁও জিলাৰ বটদ্ৰৱা, পূব গোৱালপাৰা আৰু মাজুলীত কুঁহিলা শিল্প বিদ্যমান। পশ্চিম বংগৰ দৰে অসমতো কুহিলা শিল্পকৰ্মৰ পৰম্পৰা কিছুমান নিৰ্দিষ্ট পৰিয়ালৰ দ্বাৰা পুৰণি সময়ৰ পৰা অনুশীলন কৰা হয় আৰু ইয়াৰ দ্বাৰা ই এক বংশগত বৃত্তি হৈ পৰিছে। এই শিল্পকলা কেৱল ধৰ্মীয় উদ্দেশ্যৰ বাবে নহয়। বিবাহ আৰু উৎসৱৰ দৰে বিভিন্ন অনুষ্ঠানৰ সময়ত ঘৰ আৰু মন্দিৰৰ ভিতৰৰ বাবে সাজসজ্জা হিচাপেও ব্যৱহাৰ কৰা হয়। স্থানীয় উৎসৱ যেনে মনসা পূজা, বাশ বা বাঁহ পূজা, চৰক পূজা আদিত দেৱতা কুঁহিলা নিৰ্মিত। দেৱতাসকলৰ মূৰ্তি কুঁহিলাৰ দ্বাৰা জটিল ডিজাইনেৰে অলংকৃত কৰা হয়। লগতে ইয়াৰ পৰা তৈয়াৰ কৰা বিভিন্ন হিন্দু চৰিত্ৰক প্ৰতিনিধিত্ব কৰা ৰং কৰা মুখা তৈয়াৰ কৰা হয়। অসমৰ মুখা শিল্পৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান হৈছে কুঁহিলা। এই মুখা সমূহ যাত্ৰা, ভাওনা আদিত ব্যৱহাৰ কৰা হয়। কুঁহিলাৰে নিৰ্মিত অলংকাৰবোৰ নৃত্যশিল্পীসকলে কুশান গান, হুদুম নৃত্য, কালী নৃত্য, সোণাৰাই নৃত্য, চণ্ডী নৃত্য, গোৱালিনী নৃত্য আৰু বহুতো লোক নৃত্য প্ৰদৰ্শন কৰোঁতে ব্যৱহাৰ কৰে। টোপাৰ নামৰ পাৰম্পৰিক মুকুট বঙালী আৰু ৰাজবংশী পৰিয়ালৰ দৰা আৰু কইনাৰ বাবেও কুঁহিলাৰ পৰা তৈয়াৰ কৰা হয়। তথ্য উৎস অসমৰ সংস্কৃতি শিল্প ভাৰতৰ
74548
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%B2%E0%A7%8B%E0%A6%95%20%E0%A6%95%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A6%BE
অসমীয়া লোক কবিতা
লোক কবিতা হৈছে লোক সাহিত্যৰ এটা বিশিষ্ট শাখা৷ ছন্দ-অলংকাৰ আৰু ব্যংগ-ব্যঞ্জনাৰে মাধুৰ্য মণ্ডিত লোক সাহিত্যসমূহকেই লোক কবিতা আখ্যা দিয়া হয়৷ লোক কবিতাবোৰ মৌখিকভাৱে প্ৰচলিত হৈ আহিছে। অসমীয়া প্ৰায়বোৰ লোক কবিতাৰেই এক সাংগীতিক মাৰ্ধূয আৰু সুৰীয়া লহৰ দেখা যায় আৰু সৰহ সংখ্যক লোক কবিতাকেই গীত বা নাম হিচাপে গোৱা কৰা হয়৷ সেয়ে ড॰ সত্যেন্দ্ৰ নাথ শৰ্মাই অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত নামৰ গ্ৰন্থত লোকগীত বুলি লোক কবিতাবিলাকৰে আলোচনা কৰিছে৷ অসমীয়া লোক কবিতাৰ বৈশিষ্ট্য অসমীয়া লোক কবিতাৰ সাধাৰণ বৈশিষ্ট্যবোৰ হৈছে অনাড়ম্বৰ সৰল ভাষা, ঘৰুৱা চিত্ৰৰ সমাহাৰ, আঞ্চলিক প্ৰকাশভংগী, ভাবৰ মুকলি প্ৰকাশ, সৰল বিশ্বাস আৰু অলৌকিকতাৰ প্ৰকাশ৷ লোক কবিতাবোৰৰ ভাব আৰু ভাষা শৃংখলিত নহয়, সাৱলীল আৰু উন্মুক্তহে৷ লোক কবিতাবোৰত চহা লোকৰ সমাজ-জীৱন আৰু ব্যক্তি-জীৱনৰ মুক্ত প্ৰকাশ ঘটে অকৃত্ৰিমভাৱে৷ তথাপিও ইয়াত সামূহিক জীৱনৰ আশা-আকাংক্ষাৰ প্ৰকাশহে সৰহ৷ লোক কবিতাবোৰ ছন্দোবদ্ধ আৰু ইয়াত অলংকাৰৰ প্ৰয়োভৰ দেখা যায়৷ লোক কবিতাবোৰত ছন্দ বা সুৰৰ লয় ৰাখিবৰ বাবে স্থান বিশেষে মূল ভাবৰ লগত সংগতি থকা বা নথকা একোফাঁকি গৌণ পদ ব্যৱহাৰ কৰা প্ৰায়বোৰ কবিতাতে দেখা যায়। অসমীয়া লোক কবিতাৰ শ্ৰেণীবিভাজন অসমীয়া লোক কবিতাবোৰক ড॰ সত্যেন্দ্ৰ নাথ শৰ্মাই তিনিটা ভাগত ভাগ কৰি আলোচনা কৰিছে– অনুষ্ঠানমূলক আখ্যানমূলক বা বেলাড বিবিধ বিষয়ক৷ অন্যহাতে ড॰ প্ৰবীণ শইকীয়াই পৰিৱেশনৰ উপলক্ষ অনুসৰি লোক কবিতাসমূহক দুটা শ্ৰেণীত ভাগ কৰাৰহে পোষকতা কৰিছে– অনুষ্ঠানমূলক আৰু অনুষ্ঠান নিৰপেক্ষ আকৌ ড॰ শইকীয়াই বিষয়বস্তুৰ দিশৰ পৰাও ইয়াক দুটা ধাৰাত ভগাইছে–# ধৰ্মীয় ধাৰা আৰু ধৰ্ম নিৰপেক্ষ ধাৰা৷ অনুষ্ঠানমূলক লোক কবিতা উৎসৱ পাৰ্বণ আদি নিৰ্দিষ্ট উপলক্ষত সুৰসংগত কৰি আনুষ্ঠানিকভাৱে পৰিৱেশন কৰা লোক কবিতাসমূহেই অনুষ্ঠানমূলক লোক কবিতা৷ যেনে– বিবাহ উপলক্ষে গোৱা বিয়ানাম, বিহুত গোৱা বিহুনাম, আই সকাম উপলক্ষে গোৱা আইনাম, দিহানাম আদি৷ এই অনুষ্ঠানমূলক লোক কবিতাসমূহৰ ভিতৰত যিবোৰ ধৰ্মীয় উপলক্ষত ধৰ্মীয় বিষয়ৰ কথা সম্বলিত লোক কবিতা সেইবোৰেই অনুষ্ঠানমূলক ধৰ্মীয় ধাৰাৰ লোক কবিতা৷ উদাহৰণস্বৰূপে– আইনাম, লখিমী সবাহৰ নাম, অপেছৰা বা অপেছৰী সবাহৰ নাম, হাইদাং গীত আদি৷ আইনাম বসন্ত ৰোগৰ অধিষ্ঠাত্ৰীদেৱী, যি অসমীয়া সমাজত আই নামেৰে পৰিচিত তেওঁক সন্তুষ্ট কৰিবলৈ পতা আই সকামত গোৱা তান্ত্ৰিক প্ৰভাৱসিক্ত স্তুতি প্ৰাৰ্থনামূলক নামবোৰেই হৈছে আইনাম৷ যেনে– ‘আইৰ চৰণৰে ছায়া ভয় নকৰিবা তুতিকৈ মাতিবা আয়ে কৰি যাব দয়া৷’ লখিমী সবাহৰ নাম ধন-ধানৰ অধিষ্ঠাত্ৰী লক্ষ্মীদেৱীক সন্তুষ্ট কৰিবলৈ অসমীয়া ৰাইজে পতা মাংগলিক অনুষ্ঠান ‘লখিমী সবাহ’ত গোৱা স্তুতি-প্ৰাৰ্থনামূলক গীতসমূহকে লখিমী সবাহৰ গীত হিচাপে জনা যায়৷ যেনে– ‘হাবিতে কান্দিলে শৰে কি হৰিণা জাৰণিত কান্দিলে কুলি৷ পথাৰৰ মাজতে কান্দেনো লক্ষ্মী আই আনোগৈ মূৰতে তুলি৷৷’ অপেছৰা বা অপেছৰী সবাহৰ নাম অজান কাৰণত বা কোনো ৰোগ ব্যাধিৰ লক্ষণ নেদেখাকৈ সৰু ল’ৰা ছোৱালীৰ শৰীৰ শুকাই খীনাই গ’লে বা কিশোৰীৰ উপযুক্ত বয়সত পুষ্পিতা নহ’লে অপেছৰা বা অপেছৰীৰ দোষ বুলি বিশ্বাস কৰি অপেছৰা বা অপেছৰীক সন্তুষ্ট কৰিবলৈ পতা সবাহত গোৱা স্তুতি-প্ৰাৰ্থনামূলক গীত বা লোক কবিতাসমূহেই হ’ল অপেছৰা বা অপেছৰী সবাহৰ নাম৷ যেনে– ‘ফুলৰে আসনে ফুলৰে বসনে এ আই ৰভাতল আমোলমোলায়৷ আই অপেছৰী ফুলাম পাখি মেলি ডেও দি পূজালৈ যায়৷৷’ হাইদাং গীত সোণোৱাল কছাৰী লোকসকলৰ ধৰ্মীয় বিশেষত্বপূৰ্ণ এবিধ গীত হ’ল হাইদাং গীত৷ হাইদাং গীত বাথৌ পূজাত পৰিবেশন কৰা হয়৷ যেনে– ‘হা-ই-অ’হ’ নমো নাৰায়ণ হা-ই-অ’হ’ পিথবী হেনো সৃজাইছে হা-ই-অ’হ’ আকাশ হেনো সৃজাইছে...’ আকৌ ধৰ্মীয় গণ্ডীৰ বাহিৰৰ কিছুমান অনুষ্ঠানমূলক লোক কবিতাও আছে, সেইবোৰেই হৈছে অনুষ্ঠানমূলক ধৰ্ম নিৰপেক্ষ ধাৰাৰ লোক কবিতা৷ উদাহৰণস্বৰূপে– বিহুনাম, বিয়ানাম, ভেকুলী বিয়াৰ নাম, মহোহো গীত আদি৷ বিয়ানাম বিবাহ অনুষ্ঠান উপলক্ষে মহিলাসকলে পৰিবেশন কৰা সুৰীয়া লোকগীতসমূহেই হৈছে বিয়ানাম৷ যেনে– ‘কাষে ঘট লোৱা ৰাধা মাথে লোৱা মালা যমুনালৈ যাব লাগে নকৰিবা হেলা৷’ বিহুনাম বিহুনাম অসমীয়া লোক সাহিত্যৰ অতি গুৰুত্বপূৰ্ণ উপাদান৷ ব’হাগৰ বিহুটিত আনন্দ প্ৰকাশ কৰি হুঁচৰি গাই গৃহস্থৰ কুশল কামনা কৰোঁতে ঢোল, পেঁপা, টকা, গগণা বজাই নাচি-বাগি গোৱা নামবোৰকে বিহুনাম আখ্যা দিয়া হয়৷ যেনে– বিহুটি এনুৱা বিহুটি তেনুৱা বিহুটি আলাসৰ লাৰু, ব্ৰহ্মা বিষ্ণুৱে বিহুগীত স্ৰজিলে নকৰি কেনেকৈ পাৰোঁ। ভেকুলী বিয়াৰ নাম বহুদিন খৰাং হ’লে বৰষুণ দিবৰ বাবে অসমীয়া ৰাইজে ভেকুলী বিয়া পাতে৷ ভেকুলী বিয়াত গোৱা নামবোৰো অসমীয়া লোক সাহিত্যৰ অন্যতম এক উপাদান৷ ভেকুলী বিয়া নামৰ উদাহৰণ– ‘অ মন তৰা ৰাইজে পাতিছোঁ ভেকুলীৰ বিয়া বৰুণদেৱতা বৰষুণ দিয়া৷’ মহোহো গীত নামনি অসমৰ এক বিশেষ লোক উৎসৱ মহ খেদা উৎসৱত মহোহো গীত গোৱা হয়৷ যেনে– ‘অ’ হৰি মহোহো মহ বা টাকোন লৌ...৷’ অনুষ্ঠান নিৰপেক্ষ লোক কবিতা যিবোৰ গীত-পদ বা লোক কবিতা আনুষ্ঠানিক উপলক্ষ নথকাকৈ স্থান-কাল-পাত্ৰ অনুসৰি সাংস্কৃতিক পৰিৱেশ সৃষ্টিৰ বাবে বা আন প্ৰয়োজনত পৰিবেশন কৰা হয়, সেইবোৰেই অনুষ্ঠান নিৰপেক্ষ লোক কবিতা৷ যেনে– নিচুকনি গীত, ওমলা গীত, বাৰমাহী গীত আদি৷ এই ধৰণৰ অনুষ্ঠান নিৰপেক্ষ লোক কবিতাবোৰতো ধৰ্মীয় আৰু ধৰ্ম নিৰপেক্ষ– এই ধাৰা দুটা দেখা যায়৷ অনুষ্ঠান নিৰপেক্ষ ধৰ্মীয় ধাৰাৰ লোক কবিতাসমূহ হৈছে– টোকাৰী গীত, দেহ বিচাৰৰ গীত, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত আদি৷ টোকাৰী গীত টোকাৰী বাদ্যক প্ৰাধান্য দি পৰিবেশন কৰা ভক্তিতত্ত্ব, ভগবানৰ মহিমা, গুৰু ভক্তিৰ মহিমা, বিষয় বাসনাৰ প্ৰতি অনাসক্তি আদি বিষয়ক ধৰ্মগন্ধী গীতবোৰেই হৈছে টোকাৰী গীত৷ টোকাৰী গীতৰ উদাহৰণ– ‘পুত্ৰই মোক নোখোৱাই দেখাতেই চিন জীয়ে মোক নোখোৱাই আনলৈ দিম৷ ভাৰ্যালৈ হ’ল মোৰ কালৰে বৈৰী মিছাতে লগালোঁ মই গলত জৰী৷৷' দেহ বিচাৰৰ গীত দেহতত্ত্ব আৰু মানৱী জনমৰ অসাৰতাৰ কথাক মূখ্য হিচাপে লৈ গোৱা গীতসমূহেই হ’ল দেহ বিচাৰৰ গীত৷ উদাহৰণ– ‘দেহা এদিনীয়া দেহা দুদিনীয়া দেহাৰ ভাৰসা নাই এই নৰ দেহা নহয় যুগমীয়া মৰিলে হৈ যাব ছাঁই৷৷’ কামৰূপী আৰু গোৱালপৰীয়া লোকগীত নামনি অসমৰ কামৰূপ আৰু গোৱালপাৰা জিলাত দুই ধৰণৰ লোকগীত প্ৰচলিত হৈ আছে৷ সেয়াই হৈছে কামৰূপী আৰু গোৱালপৰীয়া লোকগীত৷ দুয়োবিধ কিন্তু একে নহয়, কিছু বৈসাদৃশ্য আছে৷ কামৰূপী লোকগীতসমূহ ঘাইকৈ ধৰ্মমূলক৷ যেনে– ‘কানাই পাৰ কৰা হে বেলিৰ পৰিল ছায়া৷ নষ্ট হৈল দধিৰ ভাণ্ড বজাৰ হৈল বয়া৷৷’ অন্যহাতে গোৱালপৰীয়া লোকগীতসমূহত ধৰ্ম-কথাতকৈ বিষয়-বাসনা, জীৱন-যৌৱন, প্ৰণয়-বিৰহ আদি বেছিকৈ দেখা যায়৷ যেনে– ‘একবাৰ হৰি বোল মন ৰসনা৷ মানৱ দেহাৰ গৈৰৱ কৈৰ না৷৷’ অন্যহাতে অনুষ্ঠান নিৰপেক্ষ ধৰ্ম নিৰপেক্ষ ধাৰাৰ লোক কবিতাসমূহ হৈছে– নিচুকনি গীত, মালিতা আদি৷ নিচুকনি গীত কেচুৱা বা শিশুক ওমলাবৰ বাবে গোৱা নামসমূহেই হ’ল নিচুকনি গীত৷ শিশুক ওমলোৱা, টোপনি অনা আৰু শিশুৰ মনোৰঞ্জনৰ বাবে সৃষ্ট এই শ্ৰেণী গীতো অসমীয়া লোক সাহিত্যৰ এক গুৰুত্বপূৰ্ণ উপাদান৷ নিচুকনি গীতৰ উদাহৰণ– ‘আমাৰে মইনা শুব এ বাৰীতে বগৰী ৰুব এ৷ বাৰীৰে বগৰী পকি সৰিব মইনাই বুটলি খাব৷৷’ মালিতা মালিতা হ’ল সাংগীতিক ৰূপত পৰিৱেশিত হোৱা একোটা স্বয়ং সম্পূৰ্ণ কাব্য কাহিনী৷ লোক কবিৰ দ্বাৰা ৰচিত আৰু মৌখিকভাৱে প্ৰচলিত এই শ্ৰেণীৰ গীতি-সাহিত্যক ‘কাহিনী কাব্য’, ‘আখ্যানমূলক গীত’ বা ‘বেলাড’ বুলিও কোৱা হয়৷ মালিতাক তিনিপ্ৰকাৰে ভাগ কৰা হয়– কিংবদন্তীমূলক বা জনশ্ৰুতিমূলক মালিতা বুৰঞ্জীমূলক মালিতা কাল্পনিক মালিতা কিংবদন্তীমূলক বা জনশ্ৰুতিমূলক মালিতাবোৰৰ ভিতৰত ফুলকোঁৱৰৰ গীত, মণিকোঁৱৰৰ গীত, কমলা কুঁৱৰীৰ গীত, জনা গাভৰুৰ গীত, কন্যাবাৰমাহী গীত আদি প্ৰধান৷ বুৰঞ্জীমূলক মালিতাৰ ভিতৰত নাহৰৰ গীত, বৰফুকনৰ গীত, জয়মতী কুঁৱৰীৰ গীত আদি উল্লেখযোগ্য৷ কাল্পনিক মালিতাৰ ভিতৰত তেলটুপী চৰাইৰ জন্মকথা, ঢোলবাদ্যৰ জন্মকথা আদি প্ৰধান৷ এইবোৰৰ উপৰিও অসমীয়া লোক কবিতাৰে অন্তৰ্গত ডাকৰ বচন, দৃষ্টান্ত, ফকৰা, মন্ত্ৰ আদিয়েও লোক সাহিত্যৰ ভঁৰাললৈ যথেষ্ট বৰঙণি আগবঢ়াইছে৷ এইবোৰত চহা জীৱনৰ অভিজ্ঞতা, উপদেশ আদি সোমাই থাকে৷ যেনে– ‘এহাত এমুঠন দিবা পোত, তেহে চাবা কলৰ গোট’ [ডাকৰ বচন]; ‘দিনৰ পৰ্বত ৰাতিৰ জুই, তাক নেখেদি থাকিবা শুই [দৃষ্টান্ত] আদি৷ তথ্যসূত্ৰ গ্ৰন্থপঞ্জী ৰাজখোৱা, অৰবিন্দ [সম্পা.] অসমীয়া কাব্য পৰিক্ৰমা, বনলতা প্ৰকাশ, ডিব্ৰুগড়, তৃতীয় সংস্কৰণ, ২০১৩ শৰ্মা, সত্যেন্দ্ৰনাথ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ, গুৱাহাটী, দশম সংস্কৰণ, ২০১৮ অসমীয়া
99023
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A6%AE%E0%A6%BE%20%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A7%80%20%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%20%E0%A6%A8%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A7%8B%E0%A6%97%20%E0%A6%A8%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%A4%20%E0%A6%86%E0%A6%87%E0%A6%A8%2C%20%E0%A7%A8%E0%A7%A6%E0%A7%A6%E0%A7%AB
মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন, ২০০৫
মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন, ২০০৫ বা চমুকৈ এমজিএনৰেগা ভাৰতত ৰূপায়িত নিয়োগৰ নিশ্চয়তা প্ৰদান কৰা আইন। পূৰ্বতে এই আইনক ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন বা এনৰেগা বুলি জনা গৈছিল। এই আইনৰ মূল উদ্দেশ্য হৈছে‘কাম কৰাৰ বা কৰ্মৰ অধিকাৰ’ নিশ্চিত কৰা। ভাৰত চৰকাৰে ৰূপায়ণ কৰা ই একপ্ৰকাৰৰ মাইলৰ খুঁটি স্বৰূপ সমাজ কল্যাণমূলক কাৰ্যসূচী। ভাৰতৰ গ্ৰাম্য জনসাধাৰণক বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকসকলক কৰ্মসংস্থাপন আৰু জীৱিকাৰ সুযোগ প্ৰদান কৰা ইয়াৰ অন্যতম মুখ্য উদ্দেশ্য। ২০০৫ চনৰ ২৩ আগষ্ট তাৰিখে ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ইউ পি এ চৰকাৰৰ অধীনত গ্ৰামোন্নয়ন মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙে বিধেয়কখন সংসদত দাখিল কৰিছিল। বিধেয়কখন সংসদত গৃহীত হোৱাৰ পিছত ২০০৬ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে কাৰ্যকৰী কৰা হয়। এই আইনৰ মুখ্য উদ্দেশ্য হৈছে গ্ৰাম্য অঞ্চলত জীৱিকাৰ সুৰক্ষা বৃদ্ধি কৰা। যিবোৰ পৰিয়ালৰ প্ৰাপ্তবয়স্ক সদস্যই স্বেচ্ছাই অদক্ষ শাৰীৰিক শ্ৰম থাকে, তেনে প্ৰতিটো পৰিয়ালৰ অন্ততঃ এজন সদস্যক বিত্তীয় বৰ্ষত কমেও ১০০ দিনৰ মজুৰিৰ নিয়োগ প্ৰদান কৰাৰ নিশ্চয়তা এই আইনে প্ৰদান কৰে। এমজিএনৰেগাৰ অধীনত উপলব্ধ কৰা নিয়োগৰ এক তৃতীয়াংশ মহিলাৰ বাবে সংৰক্ষিত কৰাৰ নিশ্চয়তা দিয়া হয়। এম জি এনৰেগাৰ আন এটা লক্ষ্য হৈছে ৰাজহুৱা সম্পত্তি যেনে পথ, খাল, পুখুৰী আৰু কুঁৱা আদি সৃষ্টি কৰা। এই আইনৰ অধীনত চৰকাৰে আবেদনকাৰীৰ বাসগৃহৰ পৰা ৫ কিলোমিটাৰ ভিতৰত নিয়োগৰ ব্যৱস্থা কৰাৰ বাবাৰ আৰু নূন্যতম মজুৰি প্ৰদান কৰাৰ বাবে দায়বদ্ধ। আবেদন কৰাৰ ১৫ দিনৰ ভিতৰত যদি কামৰ ব্যৱস্থা কৰা নহয়, তেন্তে আবেদনকাৰীয়ে নিবনুৱা ভাট্টা লাভৰ অধিকাৰী হয়। অৰ্থাৎ চৰকাৰে যদি কৰ্মসংস্থাপন প্ৰদানত ব্যৰ্থ হয়, তেন্তে সেইসকল লোকক নিবনুৱা ভাট্টা প্ৰদান কৰিব লাগিব। এইদৰে এম জি এনৰেগাৰ অধীনত নিয়োগ এক আইনী প্ৰাপ্যতা। অৰ্থনৈতিক সুৰক্ষা প্ৰদান আৰু গ্ৰাম্য সম্পত্তি সৃষ্টিৰ উপৰিও এনৰেগাক প্ৰসাৰিত কৰাৰ অন্যতম লক্ষ্য হৈছে পৰিৱেশ সুৰক্ষা, গ্ৰাম্য মহিলাসকলক সবলীকৰণ, গ্ৰাম্য-নগৰীয়া প্ৰব্ৰজন হ্ৰাস কৰা আৰু সামাজিক সমতা গঢ়ি তোলা আদিত সহায়তা প্ৰদান কৰা। ১৯৯১ চনত প্ৰথমবাৰৰ বাবে এই আইনখন প্ৰস্তাৱ তদানীন্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ চৰকাৰে কৰিছিল। অৱশেষত সংসদত ইয়াক গ্ৰহণ কৰি ভাৰতৰ ৬২৫খন জিলাত কাৰ্যকৰী আৰম্ভ কৰা হয়। এই পাইলট অভিজ্ঞতাৰ ভিত্তিত ২০০৮ চনৰ ১ এপ্ৰিলৰ পৰা ভাৰতৰ সকলো জিলাকে সামৰি ল'ব পৰাকৈ এনৰেগাৰ পৰিসৰ নিৰ্ধাৰণ কৰা হৈছিল। এই আইকক চৰকাৰে "বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু অভিলাষী সামাজিক সুৰক্ষা আৰু ৰাজহুৱা কৰ্মৰ কাৰ্যসূচী" বুলি প্ৰশংসা কৰিছিল। ২০০৯ চনত বিশ্ব বেংকে আভ্যন্তৰীণ গতিবিধিৰ ওপৰত নীতিগত নিষেধাজ্ঞাৰ জৰিয়তে উন্নয়নক আঘাত দিয়াৰ বাবে আনৰ সৈতে এই আইনক তিৰস্কাৰ কৰিছিল। কিন্তু ২০১৪ চনৰ বিশ্ব উন্নয়ন প্ৰতিবেদনত বিশ্ব বেংকে ইয়াক "গ্ৰাম্য উন্নয়নৰ জাকত-জিলিকা উদাহৰণ" বুলি অভিহিত কৰিছে। এই আইন মূলতঃ গাঁও পঞ্চায়তৰ দ্বাৰা কাৰ্যকৰী কৰা হয়। আইনখনত উল্লেখ কৰা হৈছে যে ইয়াৰ ফলপ্ৰসূ ব্যৱস্থাপনা আৰু কাৰ্যকৰীকৰণক প্ৰসাৰিত কৰিবলৈ ই বহুতো সুৰক্ষা ব্যৱস্থা প্ৰদান কৰে। আইনখনত কাৰ্যকৰীকৰণৰ বাবে নীতি আৰু সংস্থাসমূহ, অনুমোদিত কামৰ তালিকা, বিত্তীয় সাহায্য, নিৰীক্ষণ আৰু মূল্যায়ন, স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰাৰ বাবে বিশদ ব্যৱস্থাসমূহৰ বিষয়ে স্পষ্টভাৱে উল্লেখ কৰা হৈছে। ইতিহাস ঔপনিৱেশিক যুগতে গ্ৰাম্য অঞ্চলত দৰিদ্ৰতা আৰু কৰ্মসংস্থাপনৰ অভাৱৰ সমস্যাই উদ্ভৱ হৈছিল। ঔপনিৱেশিক চৰকাৰে গ্ৰাম্য অৰ্থনীতিৰ মূল্যত নগৰীয়া অৰ্থনীতি বৃদ্ধি কৰাত গুৰুত্ব দিয়াৰ বাবেই এই একপক্ষীয় অৰ্থনৈতিক বিকাশৰ ধৰণটো সৃষ্টি হৈছিল। এই ধাৰণা ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছতো থাকি গ’ল। ইয়াৰ উপৰিও ঔপনিৱেশিক কৰ্তৃপক্ষই ভূমি ৰাজহৰ পদ্ধতি স্থাপন কৰাৰ ফলত ভূমিৰ মালিকীস্বত্ব নিৰ্বাচিত কেইজনমানৰ হাতত কেন্দ্ৰীভূত হৈ পৰিছিল। পিছলৈ এই ব্যৱস্থায়ে গ্ৰাম্য দৰিদ্ৰসকলক প্ৰান্তীয়কৰণত অৰিহণা যোগাইছিল। ইয়াৰ উপৰিও ব্ৰিটিছে খাদ্য শস্যৰ তুলনাত নগদ শস্যৰ বৃদ্ধিৰ প্ৰসাৰ ঘটোৱাৰ ফলত কৃষি উৎপাদনশীলতা হ্ৰাস পাইছিল আৰু দেশৰ কিছুমান অঞ্চলত দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল। স্বাধীনতাৰ পিছতো ঔপনিৱেশিকতাৰ উত্তৰাধিকাৰ হিচাপে গ্ৰাম্য অঞ্চলত নিয়োগৰ সমস্যা দেখা গৈছে। বিশেষকৈ ঔপনিৱেশিকতাবাদে ভাৰতৰ অৰ্থনৈতিক আৰু সামাজিক উন্নতিৰ ওপৰত স্থায়ী প্ৰভাৱ পেলাইছিল। গ্ৰাম্য অঞ্চল আৰু জনসাধাৰণৰ ওপৰত আটাইতকৈ বেছি নেতিবাচক প্ৰভাৱ পৰিছিল। গ্ৰাম্য আন্তঃগাঁথনিৰ অভাৱনীয় পুঁজি, ব্যৱস্থাগত সামাজিক সাহায্য কাৰ্যসূচীৰ অভাৱ, চাকৰিৰ সম্ভাৱনাৰ অভাৱ আদিয়ে ঔপনিৱেশিক যুগৰ প্ৰভাৱ এতিয়াও স্পষ্ট কৈ ধৰিব পাৰি। এই অসুবিধাসমূহ দূৰ কৰিবলৈ গ্ৰামাঞ্চলৰ ঐতিহাসিক অৱহেলা ওলোটা কৰি উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ এক দৃঢ় প্ৰচেষ্টা চলাব লাগিব। ১৯৬০ চনৰ পৰা ভাৰতৰ বিশাল গ্ৰাম্য অঞ্চলত উপযুক্ত কৰ্মসংস্থাপন আঁচনি নিৰ্ধাৰণৰ বাবে প্ৰায় ৩০ বছৰ বিভিন্ন আঁচনিৰ ৰূপায়ণৰ চেষ্টা কৰা হৈছিল। এই আঁচনি সমূহৰ জৰিয়তে চৰকাৰে এই আইনৰ ভেঁটি তৈয়াৰ কৰিছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য আঁচনি সমূহ হৈছে বিত্তীয় ব্যৱস্থাপনাৰ অসুবিধাসমূহৰ ওপৰত আলোকপাত কৰা ‘গ্ৰাম্য জনশক্তি কাৰ্যসূচী’, ফলাফলৰ পৰিকল্পনাৰ ওপৰত ‘গ্ৰাম্য নিয়োগৰ বাবে ক্ৰেছ আঁচনি’, শ্ৰমকেন্দ্ৰিক ‘পাইলট শ্ৰমকেন্দ্ৰিক গ্ৰাম্য নিয়োগ কাৰ্যসূচী’, ‘খৰাং প্ৰৱণ অঞ্চল কাৰ্যসূচী’, সংহত গ্ৰাম্য উন্নয়নৰ, গ্ৰাম্য অৰ্থনৈতিক উন্নয়নৰ ‘প্ৰান্তীয় কৃষক আৰু কৃষি শ্ৰমিক আঁচনি’, সামগ্ৰিক উন্নয়ন আৰু ৰাজ্যসমূহৰ সৈতে উন্নত সমন্বয়ৰ ‘কাৰ্য্যৰ বাবে খাদ্য আঁচনি’ (এফ ডব্লিউ পি), সম্প্ৰদায়ৰ উন্নয়নৰ বাবে ‘ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ কাৰ্যসূচী’ (এন আৰ ই পি) আৰু ভূমিহীন পৰিয়ালক কেন্দ্ৰ কৰি ‘গ্ৰাম্য ভূমিহীন নিয়োগ নিশ্চয়তা কাৰ্যসূচী’ (আৰ এল ই জি পি) আদিয়ে প্ৰধান। পিছত পৰিকল্পনা আয়োগে এই আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ পৰিকল্পনাত অনুমোদন জনায় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াক গ্ৰহণ কৰা হয়। ১৯৮৯ চনৰ এপ্ৰিল মাহত গ্ৰাম্য অঞ্চলত নিয়োগ সৃষ্টি, আন্তঃগাঁথনি উন্নয়ন আৰু খাদ্য সুৰক্ষাক একত্ৰিত কৰিবলৈ চৰকাৰে এন আৰ ই পি আৰু আৰ এল ই জি পিক এক নতুন আঁচনি জৱাহৰ ৰোজগাৰ যোজনাৰ (জে আৰ ৱাই) সৈতে একত্ৰিত কৰে। স্থানীয় গাঁও চৰকাৰ বা পঞ্চায়তীৰাজ প্ৰতিষ্ঠান (পি আৰ আই)ৰ জৰিয়তে স্থানীয় লোকসকলক জড়িত কৰি কাৰ্যকৰীকৰণৰ বিকেন্দ্ৰীকৰণ আৰু সেয়েহে আমোলাতন্ত্ৰৰ ভূমিকা হ্ৰাস কৰা ইয়াৰ আটাইতকৈ উল্লেখযোগ্য পৰিৱৰ্তন আছিল। ১৯৯৩ চনৰ অক্টোবৰ মাহত কৃষি নকৰা অৱস্থাত কৃষকসকলক কৰ্মসংস্থাপন প্ৰদানৰ বাবে নিয়োগ নিশ্চয়তা আঁচনি আৰম্ভ কৰা হয়। ‘জিলা পৰিষদ’ নামৰ জিলা পৰ্যায়ত স্থানীয় স্বশাসনক মূল কাৰ্যকৰী কৰ্তৃপক্ষ হিচাপে লৈ পি আৰ আইৰ ভূমিকা আৰু অধিক শক্তিশালী কৰা হৈছিল। পিছলৈ ২০০১ চনত ই এ এছ সম্পূৰ্ণ গ্ৰামীণ ৰোজগাৰ যোজনাৰ (এছ জি আৰ ৱাই) সৈতে একত্ৰিত কৰা হয়। ১৯৯৯ চনৰ ১ এপ্ৰিলত একেটা উদ্দেশ্যৰে জে আৰ ৱাইৰ নতুন ৰূপ দি জৱাহৰ গ্ৰাম সমৃদ্ধি যোজনা (জে জি এছ ৱাই) নামেৰে নামাকৰণ কৰা হয়। ‘গাঁও পঞ্চায়ত’ নামৰ গাঁও পৰ্যায়ত স্থানীয় স্বায়ত্ব শাসনৰ একমাত্ৰ কাৰ্যকৰী কৰ্তৃপক্ষ হিচাপে পি আৰ আইৰ ভূমিকা আৰু অধিক শক্তিশালী কৰি তোলা হৈছিল। ২০০১ চনত ইয়াক সম্পূৰ্ণ গ্ৰাম ৰোজগাৰ যোজনাৰ সৈতে একত্ৰিত কৰা হয়। ২০০১ চনৰ ২৫ ছেপ্টেম্বৰত গ্ৰাম্য অঞ্চলত নিয়োগ সৃষ্টি, আন্তঃগাঁথনি উন্নয়ন আৰু খাদ্য সুৰক্ষাক একত্ৰিত কৰিবলৈ চৰকাৰে ই এ এছ আৰু জে জি এছ ৱাইক এক নতুন আঁচনি এছ জি আৰ ৱাইত একত্ৰিত কৰে। 'গাঁও পঞ্চায়ত'ক একমাত্ৰ কাৰ্যকৰী কৰ্তৃপক্ষ হিচাপে লৈ পি আৰ আইৰ ভূমিকা বজাই ৰখা হৈছিল। ৰূপায়ণৰ সমস্যাৰ বাবে ইয়াক ২০০৬ চনত এনৰেগাৰ সৈতে একত্ৰিত কৰা হয়। ২০০১ চনৰ জানুৱাৰী মাহত চৰকাৰে ১৯৭৭ চনত আৰম্ভ কৰা এফ ডব্লিউ পিৰ দৰেই এফ ডব্লিউ পি প্ৰৱৰ্তন কৰে। এবাৰ এনৰেগা প্ৰণয়ন হোৱাৰ পিছত ২০০৬ চনত দুয়োটাকে একত্ৰিত কৰা হয়। এনৰেগাৰ এই পূৰ্বসূৰীসমূহৰ বাবে মুঠ চৰকাৰী আবণ্টন ৭৫ হাজাৰ কোটি টকা (১৩ বিলিয়ন মাৰ্কিন ডলাৰ) টকা আছিল। ২০০৫ চনৰ পিছত সৃষ্টি হোৱা নিয়োগ সৃষ্টিৰ কাৰ্যসূচীসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী উল্লেখযোগ্য। গ্ৰাম্য অঞ্চলত শিপাই থকা নিয়োগৰ সমস্যাৰ প্ৰতি সঁহাৰি জনাই ভাৰত চৰকাৰে এই বিষয়টোকে লক্ষ্য কৰি দেশজোৰা কল্যাণমূলক আঁচনি এখন যুগুত কৰিলে আৰু ইয়াৰ নাম মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন বা এম জি এনৰেগা ৰখা হ'ল। গ্ৰামাঞ্চলৰ নিবনুৱা সমস্যা আৰু দৰিদ্ৰতাৰ সমস্যা দূৰ কৰিবলৈ ভাৰত চৰকাৰে ২০০৫ চনত এমজিএনৰেগা সমাজ কল্যাণ কাৰ্যসূচী আৰম্ভ কৰিছিল। ভাৰতৰ গ্ৰাম্য অঞ্চলত বিশেষকৈ জনসাধাৰণৰ অভাৱগ্ৰস্ত গোটৰ মাজত নিবনুৱা সমস্যা আৰু দৰিদ্ৰতাৰ উচ্চ হাৰক স্বীকৃতি দিয়াৰ ফলত এনে এক কাৰ্যসূচীৰ প্ৰয়োজনীয়তায়ে দেখা দিছিল। গ্ৰাম্য পৰিয়ালসমূহক নিশ্চিত কামৰ সম্ভাৱনাৰ ৰূপত সুৰক্ষাৰ জাল দিয়াৰ ধাৰণাৰে গঠন কৰা হৈছিল এম জি এনৰেগা। দেশৰ প্ৰতিটো গ্ৰাম্য পৰিয়ালে এই কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতি বছৰে ১০০ দিনৰ নিশ্চিত নিয়োগ লাভ কৰে। ইয়াৰ ফলত প্ৰতিটো পৰিয়ালে নূন্যতম পৰিমাণৰ আয়ৰ সুবিধা লাভ কৰাৰ নিশ্চয়তা প্ৰদান কৰিব পৰা গৈছে। এই কাৰ্যসূচী শ্ৰম-কেন্দ্ৰিক হোৱাৰ উদ্দেশ্যৰে নিয়োগৰ মূল উৎস হিচাপে পথ নিৰ্মাণ, পানী সংৰক্ষণ, বনানীকৰণৰ দৰে পদক্ষেপ অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ে এই আইনৰ পৰিকল্পনা ৰূপায়ণ আৰু ৰূপায়ণৰ তদাৰকীৰ দায়িত্ব পালন কৰিছে। গাঁও পঞ্চায়তৰ শাসক মুৰব্বীসকল স্থানীয় পৰ্যায়ত আঁচনিখন ৰূপায়ণৰ বাবে দায়বদ্ধ। বিধান তথ্যসূত্ৰ
71462
https://as.wikipedia.org/wiki/%E0%A6%AF%E0%A6%AE
যম
যম বা যমৰাজ হৈছে হিন্দু ধৰ্মৰ মৃত্যু আৰু ন্যায়ৰ দেৱতা। তেওঁক কাল, ধৰ্মৰাজ আৰু ধৰ্মপ্ৰভু নামেৰেও জনা যায়। পাপীসকলক তেওঁৰ নিবাসস্থান নৰক বা যমলোকত যথোচিত শাস্তি বিহি ন্যায়ৰ ব্যৱস্থা কৰাই তেওঁৰ মুখ্য কাম। তেওঁক সততে ধৰ্মৰ স্বৰূপ বা ধৰ্মদেৱৰূপে জনা যায়। যম সবাতোকৈ পুৰণি দেৱতাসকলৰ মাজৰ এজন আৰু ঋকবেদতেই তেওঁৰ প্ৰাৰম্ভিক উপস্থিতি পোৱা যায়। সেই সময়ৰ পৰাই এজন গুৰুত্বপূৰ্ণ দেৱতা হিচাপে হিন্দুধৰ্মৰ গ্ৰন্থসমূহ যেনে ৰামায়ণ, মহাভাৰত আৰু পুৰাণসমূহত স্থান পাই আহিছে। যম হৈছে এজন লোকপাল আৰু তেওঁ দক্ষিণ দিশৰ ৰক্ষক। তেওঁক প্ৰায়েই এজন কৃষ্ণকায়, ম'হৰ পিঠিত উঠি হাতত গদা বা পাশা লৈ আত্মাসমূহ ধৰিবলৈ অহা দেৱতা হিচাপে বৰ্ণনা কৰা হয়। আখ্যানসমূহৰ মতে তেওঁ আৰু যমুনা নদী যমজ ভ্ৰাতৃ-ভগ্নী আৰু সূৰ্যৰ পুত্ৰ। তেওঁৰ প্ৰধান আখ্যানসমূহ পাণ্ডৱসকল, সাবিত্ৰী আৰু সত্যবান আৰু মাৰ্কণ্ডেয়ৰ সৈতে জড়িত। মৃত্যুৰ সৈতে জড়িত আন এজন দেৱতা চিত্ৰগুপ্তই যমক সংগ দিয়ে। নামৰ উৎপত্তি যমশব্দৰ অৰ্থ যমজ বা জা (যমৰ যমজ ভগ্নীৰ নাম যমী)। যম শব্দই নৈতিক দায়িত্ব বা শাসন অৰ্থাৎ ধৰ্মকো বুজায়। বৈদিক পৰম্পৰাসমূহত যমেই হৈছে মৃত্যুবৰণ কৰি স্বৰ্গগামী হোৱা প্ৰথমগৰাকী মৰণশীল। আৰু সেয়ে তেওঁ মৃতকসকলৰ ৰজাৰূপে পৰিগণিত হয়। চিত্ৰায়ন হিন্দু ধৰ্মত সূৰ্যপুত্ৰ যম এগৰাকী লোকপাল বা দিশৰক্ষক দেৱতা আৰু দক্ষিণ দিশৰ তেওঁ অধিপতি। ঋকবেদৰ দশম খণ্ডৰ তিনিটা শ্লোক যমৰ প্ৰতি উৎসৰ্গিত। পুৰাণসমূহত যমক চতুৰ্ভুজ, বাহিৰলৈ নিৰ্গত দুই তীক্ষ্ণ দন্তযুক্ত, মেঘবৰ্ণ আৰু ভয়ংকৰ চাৱনিৰ গৰাকী বুলি কোৱা হৈছে। তেওঁৰ বস্ত্ৰ ৰঙা, হালধীয়া নাইবা নীলা আৰু জুইৰ মালাই তেওঁক আৱৰি ৰাখে। তেওঁৰ হাতত যমপাশ আৰু গদা বা তৰোৱাল থাকে। যমৰ বাহন হৈছে ম'হ। যমপাশৰ সহায়ত তেওঁ মৃত্যুমুখী লোকৰ জীৱটো কৰায়ত্ত কৰে। তেওঁক এডাল দণ্ড লৈ থকা অৱস্থাতো দেখা যায়। যম সূৰ্য আৰু সৰন্যুৰ পুত্ৰ তথা যমী আৰু শ্ৰদ্ধাদেৱৰ ভ্ৰাতৃ। শনি তেওঁৰ সতীয়া ভায়েক। যমৰ পুত্ৰৰ নাম কাতিলা। ভাৰতত যমৰ প্ৰতি উচৰ্গিত অনেক মন্দিৰ আছে। বিষ্ণুধৰ্মোত্তৰৰ মতে চতুৰ্ভুজ যমৰ দেহৰ ৰঙ বৰ্ষণমুখৰ মেঘৰ দৰে ক'লা। তেওঁৰ চাসোণৰ দৰে বস্ত্ৰৰ আৰু সৰ্বোপ্ৰকাৰৰ অলংকাৰ পৰিধান কৰে। তেওঁৰ পত্নী ধূমৰ্ণা নীলা পদুম হাতত লৈ যমৰ ফালে বিৰাজ কৰে। পৌৰাণিক সাহিত্য বেদ ঋকবেদৰ মতে যমৰাজ সৌৰদেৱতা বিভাসত বা সূৰ্য আৰু সৰন্যু অৰ্থাৎ সংজ্ঞাৰ পুত্ৰ। যমী তেওঁৰ যমজ ভগ্নী। বেদখনৰ প্ৰথম আৰু দশম খণ্ডতে যমৰ সৰ্বাধিক উপস্থিতি দেখা যায়। ইয়াত দেৱতাৰ সৈতে যমৰ ওতপ্ৰোত সম্পৰ্ক আছে। ইয়াৰ উপৰিও ঋকবেদৰ মতে স্বৰ্গপ্ৰাপ্তিৰ পিছত মানুহে দেখা পোৱা দুজন দেৱতা হৈছে যম আৰু বৰুণ। যমে মৃত লোকসকলক জিৰাবলৈ আশ্ৰয় দিয়ে বুলি উল্লেখ আছে। ঋকবৈদিক তিনিখন স্বৰ্গৰ আটাইতকৈ উচ্চতাত অৱস্থিত স্বৰ্গখনেই যমৰ। ইয়াৰ তলৰ দুয়োখন স্বৰ্গ সৱিতুৰৰ। যমৰজাৰ স্বৰ্গতে দেৱতাসকলে নিবাস কৰে আৰু সংগীতেৰে এই ঠাই গুঞ্জড়িত হৈ থাকে। যমৰ উপাসনা কাৰ্যত সোমৰস আৰু বলি আগবঢ়োৱা হয়। তেওঁক বলিৰ দেহত আসন গ্ৰহণ কৰিবলৈ দি বলিদাতাসকলক স্বৰ্গপুৰীত স্থান দিবলৈ প্ৰাৰ্থনা কৰা হয়। আদিকালৰ দুই মৰণশীল যম আৰু যমীৰ মাজত হোৱা কথোপকথনৰ এক শ্লোকত যমীয়ে তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিবলৈ যমক আহ্বান জনায়। এই কাৰ্যৰ সপক্ষে যমীয়ে বংশ ৰক্ষাৰ উদ্দেশ্য, সৃষ্টিকৰ্তাই এক যোৰা হিচাপেই তেওঁলোকক একে গৰ্ভতে সৃষ্টি কৰা আৰু পৰিয়ালকেন্দ্ৰিক শাৰীৰিক সম্পৰ্কৰ বাবে বাবে দ্যু অৰ্থাৎ আকাশ আৰু পৃথিৱী জনাজায় হোৱা আদি যুক্তি আগবঢ়ায়। ইয়াৰ পৰিৱৰ্তে যমে যুক্তি দিয়ে যে তেওঁলোকৰ পূৰ্বপুৰুষ মিত্ৰ আৰু বৰুণ নীতিত অটল আৰু সকলোতে তেওঁলোকৰ গুপ্তচৰ বিদ্যমান। বৈদিক সাহিত্যত যমক প্ৰথমগৰাকী মৰণশীল মানৱ হিচাপে উল্লেখ কৰা হৈছে। তেওঁ মৃত্যুবৰণৰ সিদ্ধান্ত গ্ৰহণ কৰি পৰলোকলৈ এক পথৰ সৃষ্টি কৰে। মৃত্যুবৰণ কৰা প্ৰথমজন লোক হোৱাৰ বাবেই তেওঁ মৃতকসকলৰ অধিপতি হয়। বৈদিক সাহিত্যসমূহত যম ক্ৰমান্বয়ে মৃত্যুৰ ঋণাত্মক দিশসমূহৰ সৈতে সাঙোৰ খাই পৰে আৰু অৱশেষত মৃত্যুৰ দেৱতা হিচাপে পৰিগণিত হয়। তেওঁ অন্ত, ৰোগ আৰু নিদ্ৰাৰ সৈতেও ক্ৰমশঃ জড়িত হৈ পৰে। যমৰ দুটা চাৰিচকুৱা, বহল নাকৰ ৰঙাচকুৱা পখৰা কুকুৰ আছে। অথৰ্ববেদত ইয়াৰে এটা কুকুৰক ক'লা বৰণৰ বুলি উল্লেখ কৰা হৈছে। তে মৃত্যুমুখী লোকক বিচাৰি উলিয়ায় আৰু যমৰ নগৰীৰ দুৱাৰৰখীয়াৰ কাম কৰে। ইহঁতে ভ্ৰষ্ট লোকক স্বৰ্গত প্ৰৱেশ কৰাত বাধা দিয়ে। যজুৰ্বেদৰ মতে যম আৰু যমী উচ্চতম স্বৰ্গত বাস কৰে। তৈত্তিৰীয় আৰণ্যকৰ মতে যমৰ ম'হটোৰ চকুৰ বৰণ সোণালী আৰু শিং দুটা লোৰ। টোকা তথ্য সংগ্ৰহ হিন্দু
27212
https://as.wikipedia.org/wiki/%E0%A6%A2%E0%A7%8B%E0%A6%B2
ঢোল
ঢোল অসমৰ জনসংস্কৃতিৰ এবিধ গুৰুত্বপূৰ্ণ বাদ্য যন্ত্ৰ। অসমৰ সকলো জনগোষ্ঠীৰে যিকোনো উৎসৱত ঢোল অপৰিহাৰ্য্য। সেইবাবে অসমৰ বিভিন্ন ঠাইত ভিন ভিন প্ৰকাৰৰ ঢোল লগতে বৈশিষ্টগত বাদন প্ৰণালী আছে। ঢোলক অসমীয়ালোকে দেৱবাদ্য বুলি গণ্য কৰে। ঢোলৰ উৎপত্তি কৈলাসত আৰু তাৰ পৰাই পাণ্ডৱ অৰ্জুনে ইয়াক মৰ্ত্যলৈ নমাই অনা বুলি লোককথাত পোৱা যায়। পৃথিবীৰ প্ৰায়বিলাক লোক সংস্কৃতিতেই ঢোল জাতীয় বাদ্য ব্যৱহৃত হোৱা দেখা যায়। কিন্তু অসমীয়া ঢোলৰ সৰু আকাৰ আৰু তুলনামুলক ভাবে যথেষ্ট ডাঙৰ শব্দৰ লগতে ইয়াৰ ভিন ভিন ব্যৱহাৰে ইয়াক আন সকলোবিলাক ঢোলৰ তুলনাত পৃথক বৈশিষ্ট্য প্ৰদান কৰিছে। এসময়ত ঢোলৰ ছেৱেৰে মতলীয়া কৰিব পৰা ডেকাকহে অসমীয়া গাভৰুৱে জীৱন সংগিনী কৰিবলৈ বাছনি কৰিছিল। অৰ্থাৎ ঢোল বজাব পৰাটো এসময়ত অসমীয়া ডেকাৰ পৌৰুষৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল। ঢোলক মানুহৰ প্ৰজনন শক্তিৰ পৰিচায়ক বুলিও ভবা হয়। ব্যৱহাৰ যুক্তিসন্মত ভাবেই ঢোল অসমীয়া বিহুৰ আটাইতকৈ প্ৰয়োজনীয় বাদ্যযন্ত্ৰ। বিহু আৰু হুঁচৰিত ঢোলৰ চেৱে মূল দ্বায়িত্ব লৈ ইয়াক আগবঢ়াই নিয়ে। বিহু নৃত্যৰ লগতে গীত বা আন পেঁপা গগনা আদি বাদ্য বজাওতেও ঢোল সংগত কৰিব লাগে। বিহু বা হুঁচৰিৰ আৰম্ভণিৰ পৰা শেষলৈকে কেৱল ঢোল আৰু তাল হে একেৰাহে বজোৱা হয়। বাকী বাদ্যযন্ত্ৰবিলাক মাজে মাজেহে ব্যৱহাৰ হয়। ইয়াৰ বাহিৰেও কিছুদিনৰ আগলৈকে বিয়া সবাহ আদিত ওজা ঢোল এক অপৰিহাৰ্য্য অনুষ্ঠান আছিল। ওজাঢোল বাদন এক স্বয়ংসম্পূৰ্ণ একক ঢোল বাদনৰ অনুষ্ঠান। ওজাসকলৰ ঢোলৰ চেও সাধাৰণ বিহু ঢোলতকৈ কঠিন আৰু আৰু তেওঁলোকে ঢোলত বিভিন্ন শব্দ ফুটাই দৰ্শকক আমোদ দিয়ে। ঢোলক এবিধ মাংগলিক বাদ্য হিচাপে গণ্য কৰা হয় আৰু সেয়ে বিবাহ, অসমৰ সত্ৰসমূহৰ ৰ বিভিন্ন মাংগলিক অনুষ্ঠান, যেনে ৰাসোৎসৱ, ফল্গুৎস্ব আদিত ওজা ঢোল বাদন কৰাৰ পৰম্পৰা আছে॥ আনকি ম’হযুঁজ, কুকুৰাযুঁজ আদিতো ঢোল পৰিৱেষন কৰা অসমৰ ঠাইয়ে ঠাইয়ে দেখা যায়। অসমীয়া সংস্কৃতিত ঢোলক জনপ্ৰিয় কৰি তোলাত চুতীয়া আৰু আহোম ৰজা সকলৰ অৱদান আটাইতকৈ বেছি। ঢোলৰ মালিতাত ৰতনপুৰৰ উল্লেখ কৰা হয় যিতো এটা সময়ত চুতীয়া ৰাজ্যৰ সাংস্কৃতিক কেন্দ্ৰ আছিল। তাৰ বাহিৰেও প্ৰায় বোৰ বিহু মালিতাত শিৱ-পাৰ্বতীৰ কথা কোৱা হয় যি চুতীয়া সকলৰ আৰাধ্য দেৱ-দেৱী গিৰা-গিৰাছিৰ আন এটি নাম আছিল। ঢোলৰ আন আন মালিতাত আহোম স্বৰ্গদেও সকলৰ উল্লেখ প্ৰায়ে পোৱা যায়। ইয়াৰ পৰা বুজিব পাৰি যে ঢোলে স্বৰ্গদেও সকলৰ আমোলত ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল। আনকি, আহোম ৰজা বা ডা-ডাঙৰীয়া সকল বাটচ’ৰাৰ বাহিৰলৈ ওলালে, দোলাৰ কাষে কাষে ঢুলীয়াই ঢোল বজাই যোৱাৰ ৰীতি প্ৰচলিত আছিল। ইয়াৰ বাবে প্ৰস্তুত কৰা দোলাকাষৰীয়া চেঁও বুলি ঢোলৰ এক বিশেষ চেও আজিও প্ৰচলিত আছে। ৰাইজৰ মাজত ৰাজ-আদেশ বা দেশৰ খবৰ ঢোলপিতি ঘোষণা কৰা হৈছিল বুলি বুৰঞ্জীত উল্লেখ পোৱা যায়। ঢোলৰ প্ৰকাৰ বিভিন্ন উপলক্ষত, অসমৰ বিভিন্ন জনগোষ্ঠীয়ে বেলেগ বেলগ ধৰণৰ ঢোল ব্যৱহাৰ কৰে। এই ঢোল বিলাকৰ মূল নিৰ্মাণ প্ৰক্ৰিয়া একে হলেও, আকাৰ, বাদন আৰু ব্যৱহাৰৰ ক্ষেত্ৰত অনেক প্ৰভেদ দেখা যায়। বিহু ঢোল বা পাতি ঢোল আৰু ওজা ঢোল বিহু নৃত্য আৰু গীতৰ লগত সংগত কৰা সৰু আকৃতিৰ ঢোল। ওজা ঢোলৰ আকৃতি আৰু নিৰ্মাণ প্ৰণালী বিহু ঢোলৰ দৰেই, কিন্তু ই বিহু ঢোলতকৈ সামান্য ডাঙৰ। ঢুলীয়া ওজাই একক বাদ্য হিচাপে এই ঢোল বজায়। ঢোলৰ ওজা সকলে বিভিন্ন জীৱ-জন্তু চৰাই, যন্ত্ৰ-পাতি আদিৰ মাত এই ঢোলত ফুটাই তুলিব পৰা বাবে ইয়াক কথা কোৱা ঢোল বুলিও কয়। খ্ৰাম আৰু খাম অসমৰ ডিমাছা আৰু তিৱা সকলে ব্যৱহাৰ কৰা ঢোলৰ নাম হ’ল খ্ৰাম, আনহাতে বড়ো আৰু ৰাভাসকলে বজোৱা দীঘলীয়া আকৃতিৰ ঢোলটোক খাম বুলি কোৱা হয়। খ্ৰাম আৰু খাম আকৃতি প্ৰায় অনুৰূপ হোৱা বাবে এই দুইটাকে একে শিতানত ৰখা হৈছে। খ্ৰাম সাধৰণতে ধৰ্মীয় উপলক্ষ্যতহে বজোৱা হয়। ঢেপাঢোল অসমৰ দৰং-মঙ্গলদৈৰ ফালে ঢেপাঢু্লীয়া অনুষ্ঠানত ব্যৱহাৰ হোৱা এই ঢোলৰ নিৰ্মাণ প্ৰণালী আদি বজোৱাৰ কৌশল সম্পূৰ্ণ পৃথক। ছাগলিৰ ছালেৰে দুতৰপীয়াকৈ ছোৱা, দীঘলীয়া আকৃতিৰ এই ঢোলৰ মাজত পানী ভৰাই বজোৱা হয়। ঢেপাঢুলীয়া অনুষ্ঠান, নৃত্য গীতৰ সমহাৰেৰে এক স্বয়ংসম্পূৰ্ণ আমোদজনক পৰিবেশন। জয়ঢোল বৃহৎ আকাৰৰ, আৰু ডাঙৰ শব্দ কৰা ঢোল, সাধাৰণতে দেওধনী নৃত্যৰ লগত সংগত কৰা হয়। দৰং-মঙ্গলদৈৰ ফালে জয়ঢুলীয়া নামৰ অনুষ্ঠানত আৰু লগতে মনসা বা মাৰৈ পূজাত একক ভাবে জয়ঢোল বজোৱা হয়। মাদল মাদল অসমৰ চাহ জনগোষ্ঠীৰ লোকে ঝুমুৰ গীতৰ লগত ব্যৱহাৰ কৰা ঢোল। অসমৰ বাদে ভাৰতৰ বিভিন্ন জনগোষ্ঠীৰ মাজত মাদলৰ ব্যৱহাৰ দেখা যায়। বৰঢোল অসমৰ ঢোল বিলাকৰ মাজত বৰঢোলেই আটাইতকৈ আকাৰত ডাঙৰ, প্ৰায় দেৰ মিটাৰ মান দৈৰ্ঘ্যৰ বৰঢোলৰ দুইমুৰৰ ব্যাস আধা মিটাৰৰ পৰা এক মিটাৰৰ মানলৈকে হোৱা দেখা যায়। ইয়াৰএটা মুৰ হাতেৰে আৰু আনটো মুৰ এডাল ভাজ থকা মাৰিৰে কোবাই বজোৱা হয়। দৰং-মঙ্গলদৈ আৰু কামৰূপত পৰম্পৰাগত নৃতা গীত আভিনয়েৰে সংপৃক্ত বৰঢুলীয়া অনুষ্ঠান আতি আকৰ্ষণীয়। পুতলা নাচতো বৰঢোল বজোৱা হয়। কৱিঢোল গোৱালপৰীয়া লোকগীতৰ লগত ব্যৱহাৰ কৰা, বহল মুখৰ, মাৰিৰে কোবাই বজোৱা এবিধ ঢোল। কেইজনমান ঢোলৰ ওজা ঢোলবাদ্যৰ বিশাৰদ সকলে নিজৰ প্ৰতিভা আৰু চেষ্টাৰে ঢোলক আজিৰ এই মৰ্য্যাদা প্ৰদান কৰিছে। তাৰে কেইজনমান ঢোলৰ ওজাৰ নাম হৈছে: স্বৰ্গীয় মঘাই ওজা স্বৰ্গীয় ৰত্ন ওজা স্বৰ্গীয় বগাই ওজা স্বৰ্গীয় হলিৰাম ওজা স্বৰ্গীয় নৰাম ওজা কৰুণা ওজা সৰুপাই ওজা অসম চৰকাৰৰ দ্বাৰা 'মঘাই ওজা' বঁটা প্ৰাপ্ত) স্বৰ্গীয় তুলসী ওজা সোমনাথ বৰা ওজা প্ৰসেন বৰা ওজা মহেন্দ্ৰ চুতীয়া ওজা (অসমৰ প্ৰথম ঢোলৰ 'ঢোল বায় ক'ত'ৰ মুখ্যশিল্পী) পুণ্য দত্ত (অসমৰ প্ৰথম মহিলা ওজা) সম্পৰ্কীয় গ্ৰন্থপঞ্জী অসমৰ বাদ্যযন্ত্ৰ ধৰ্মেশ্বৰ দুৱৰা বাণী প্ৰকাশ অসমৰ ঢোলবাদ্য জয় ওজা অসম সাহিত্য সভা বাদ্য অভিজ্ঞান ড: দেবজিৎ শইকীয়া অসম নাম সমাৰোহ উদযাপন সমিতি- আউনিআটি সত্ৰ ঢোলত চাপৰ মাৰি সীমান্ত তামূলী এ জি কে পাব্লিকেচন চিলাপথাৰ বিহুৰে বিৰিণা পাত জয়কান্ত গন্ধীয়া/ড: নোমল গগৈ পৃথিৱীৰাজ মেডিয়া তথ্য সংগ্ৰহ লগতে চাওক তিন তাল (তবলা) অসমৰ
79269
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%95%E0%A6%BE%E0%A6%AE%20%E0%A6%AC%E0%A7%B0%E0%A6%A0%E0%A6%BE%E0%A6%95%E0%A7%81%E0%A7%B0
সত্যকাম বৰঠাকুৰ
সত্যকাম বৰঠাকুৰ একাধাৰে কবি, প্ৰবন্ধাৰ, সম্পাদক, অধ্যাপক ৷ তেখেত বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধাপ্যক৷ তেখেতে ইতিমধ্যেই চাৰিখনকৈ কবিতা পুথি প্ৰকাশ কৰিছে আৰু বহুকেইখন প্ৰবন্ধ পুথি লিখি উলিয়াইছে৷ সেইদৰে তেওঁ এঘাৰখনতকৈয়ো অধিক পুথি সম্পাদনা কৰিছে৷ সাহিত্য অকাদেমিৰ অসমীয়া উপদেষ্টা পৰিষদৰ সদস্য হিচাপেও বৰঠাকুৰে সেৱা আগবঢ়াইছিল৷ জন্ম আৰু শিক্ষা তেখেতৰ জন্ম হয় ডিব্ৰুগড়ৰ দুলীয়াজান চহৰত ১৯৭৬ চনৰ ২৯ মে তাৰিখে ৷ পিতৃ স্বৰ্গীয় বাবুল বৰঠাকুৰ অইল ইণ্ডিয়া লিমিটেডৰ এগৰাকী কৰ্মচাৰী আছিল৷ মাতৃ বিমলা বৰঠাকুৰ৷ দুলীয়াজানৰ উপকণ্ঠ মধুপুৰ তিনিআলি প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পাছত টিপলিংঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়৷ তাৰ পাছত দুলীয়াজান মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্ৰী গ্ৰহণ কৰে৷ ১৯৯৮ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত কটন মহাবিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে৷ তাৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক নৱকুমাৰ সন্দিকৈৰ তত্ত্বাৱধানত ‘‘চৈয়দ আব্দুল মালিকৰ উপন্যাসৰ নাৰী চৰিত্ৰঃ এক সমীক্ষাত্মক অধ্যয়ন’’ শীৰ্ষক বিষয়ত ২০০৫ চনত পি.এইচ.ডি. ডিগ্ৰী গ্ৰহণ কৰে৷ বৃত্তি তেওঁ সহকাৰী অধ্যাপক হিচাপে ২০০০ চনত দুলীয়াজান মহাবিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰি ২০০৯ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ৰীডাৰ হিচাপে যোগদান কৰে৷ ২০১৬ চনত একেটা বিভাগতে তেওঁ প্ৰাধ্যাপক ৰূপে নিযুক্ত হয়৷ তেওঁ ২০২১ চনলৈকে বিশ্ববিদ্যালয়খনৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্চালক আৰু অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি আহিছিল সামাজিক জীৱন শিক্ষকতাৰ লগতে তেওঁ ‘অসমীয়া প্ৰতিদিন’ কাকতৰ সংবাদ সেৱাৰ সৈতেও কিছুদিন জড়িত আছিল৷ তেওঁৰ লেখা গৰীয়সী, সাতসৰী, প্ৰকাশ, প্ৰান্তিক, অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি, আমাৰ অসম, জনসাধাৰণ (অধুনালুপ্ত), আদি কাকত-আলোচনীত প্ৰকাশ পাই আহিছে৷ তদুপৰি তেওঁৰ গৱেষণাপত্ৰ ভালেমান ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় মানসম্পন্ন গৱেষণাপত্ৰত প্ৰকাশ পাই আহিছে৷ তেওঁ ইতিমধ্যে দেশৰ আগশাৰীৰ অনুষ্ঠান যেনে- দিল্লী বিশ্ববিদ্যালয়, মুম্বাই বিশ্ববিদ্যালয়, ইষ্টাৰ্ণ জ‘নেল কালচাৰেল চেণ্টাৰ (ক’লকাতা), নালচাৰ (হায়ৰাবাদ), সাহিত্য অকাদেমি আদিত বিদ্যায়তনিক অনুষ্ঠানৰ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰাৰ উপৰি এথেন্স ইনষ্টিটিউত ফ’ৰ এচুকেচন এণ্ড ৰিচাৰ্চৰ আমন্ত্ৰণক্ৰমে ২০০৯ চনত এথেন্সত অনুষ্ঠিত বিদ্যায়তনিক আলোচনাচক্ৰত ভাষণ প্ৰদান কৰে৷ তদুপৰি বিদ্যায়তনিক অধ্যয়নৰ বাবে বাংলাদেশ ভ্ৰমণ কৰে৷ এথেন্স ইনষ্টিটিউত ফ’ৰ এচুকেচন এণ্ড ৰিচাৰ্চৰ বিদ্যায়তনিক সদস্য আৰু সাহিত্য অকাদেমিৰ অসমীয়া উপদেষ্টা পৰিষদৰ সদস্য হিচাপেও সেৱা আগবঢ়াইছিল৷ সাহিত্যৰাজি নষ্ট সময়ৰ কথা (কাব্যগ্ৰন্থ, ১৯৯৮) বৰ সহজতে এটা ঋতুৰ প্ৰেমত পৰিব পাৰি (কাব্যগ্ৰন্থ, ২০০২) মোক তুমি আকাশৰ দৰে আৱৰি আছা (কাব্যগ্ৰন্থ, ২০০৫) মৃত্যুমহাকাব্যিক (ভিন্ন গদ্য, ২০০৬) শোক বৰষুণ (কাব্যগ্ৰন্থ, ২০০৮) চৰিত্ৰহীনা কপাহী আৰু অন্যান্য প্ৰসংগ (সাহিত্য বিষয়ক প্ৰবন্ধ, ২০০৮) জাতীয়তাবাদৰ জহন্নামযাত্ৰা (সমকাল বিষয়ক প্ৰবন্ধ, ২০০৮) শংকৰদেৱৰ নাটঃ বিশ্লেষণাত্মক অধ্যয়ন (শংকৰদেৱৰ কেউখন নাটৰ পূৰ্ণাংগ আলোচনা সম্বলিত গ্ৰন্থ, ২০১৪) বিৰিঞ্চি কুমাৰ বৰুৱা (১৯৯৮) (২০১৭) সম্পাদিত গ্ৰন্থ লাহৰী পঁজাৰ বন্তি হিতেশ্বৰ নেওগ (যুটীয়াভাৱে সম্পাদনা, সাহিত্য অকাদেমি, ২০০৭) পাৰিজাত হৰণ নাট (২০০৮) ভোজনবিহাৰ নাট (২০০৮) আধুনিক অসমীয়া সাহিত্যত শংকৰদেৱৰ সংগ্ৰহণ (সাহিত্য অকাদেমি, ২০০৮) অসমীয়া সাহিত্যঃ পটভূমি আৰু বৈশিষ্ট্য (যুটীয়াভাৱে সম্পাদনা, ২০০৮) প্ৰজ্ঞাৰ সাধক ড॰ নগেন শইকীয়া (যুটীয়াভাৱে সম্পাদনা, ২০০৮) সামাৰ পৰিধি ভাঙি কবিতা (যুটীয়াভাৱে সম্পাদনা, ২০১০) অসমীয়া লোকনাট্য আৰুঅংকীয়া ভাওনা (যুটীয়াভাৱে সম্পাদনা, সাহিত্য অকাদেমি, ২০১০) মিত্ৰদেৱ মহন্ত ৰচনাৱলী (যুটীয়াভাৱে সম্পাদনা, ২০১৩) বেজবৰুৱা সমগ্ৰ (১৪টা খণ্ড) (যুটীয়াভাৱে সম্পাদনা, ২০১৫) আনিছ জামানৰ নিৰ্বাচিত কবিতা, ২০১৬ আধুনিক অসমীয়া গদ্যঃ জোনাকীৰ পৰা জয়ন্তীলৈ (যুটীয়াভাৱে সম্পাদনা, সাহিত্য অকাদেমি, ২০২১) সম্পাদিত গৱেষণা প্ৰকল্প তথ্যসূত্ৰ অসমৰ ব্যক্তি জীৱিত ব্যক্তি অসমীয়া সাহিত্যিক অসমীয়া
4494
https://as.wikipedia.org/wiki/%E0%A6%AB%E0%A6%A3%E0%A7%80%20%E0%A6%B6%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE
ফণী শৰ্মা
ফণী শৰ্মা ১৯০৯ ১৯৭০) আছিল এজন অসমৰ নাট তথা চলচ্চিত্ৰ অভিনেতা, নাট্যকাৰ আৰু পৰিচালক। মঞ্চ অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰি তেখেতে পিছলৈ প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী (১৯৩৫)-ত অভিনয় কৰে। তেখেতে ১৯৪৮ চনত ছিৰাজ আৰু ১৯৫৫ চনত পিয়লী ফুকন বোলছবি পৰিচালনা কৰাৰ লগতে তাত অভিনয় কৰে। অসমীয়া নাট্যজগতৰ প্ৰতি ফণী শৰ্মাৰ অৱদানক সন্মান জনাই তেখেতক ১৯৫০ চনত জ্যোতিপ্ৰসাদৰ সভাপতিত্বত বহা এক সাংস্কৃতিক সন্মিলনত নটসূৰ্য উপাধিৰে বিভূষিত কৰা হয়। তেওঁ অভিনয় কৰা মুঠ ২০ খন কথাছবিৰ ৬খনেই ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মানিত হৈছিল৷ প্ৰাৰম্ভিক জীৱন আৰু নাট্যশালা তেজপুৰৰ ঐতিহাসিক বাণ ৰঙ্গমঞ্চৰ দ্বাৰ-ৰক্ষী হিছাপে ফণী শৰ্মাৰ নাট্যশালাৰ জীৱন আৰম্ভ হয়। তেখেতৰ দেউতাক মোলান শৰ্মাও এজন নাট বিশেষজ্ঞ আৰু বাণ ৰঙ্গমঞ্চৰ সু-অভিনেতা হিছাপে জনাজাত আছিল। দেউতাকৰ লগত নিয়মিত নাট্যশালালৈ গৈ ফণী শৰ্মাই ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, ললিত মোহন চৌধুৰী, প্ৰফুল্ল বৰুৱা আদিৰ দৰে প্ৰবীণ অভিনেতাসকলৰ পৰিবেশনা উপভোগ কৰিছিল। ডেকা বলীন (ফণী শৰ্মাৰ ঘৰুৱা নাম) ক্ৰমাৎ নাট্যজগতৰ প্ৰতি আকৃষ্ট হয়। ১৯২৮ চনত তেখেতে বাণ ৰঙ্গমঞ্চৰ 'ৰাণা প্ৰতাপ' নাটকত 'আকবৰ'ৰ চৰিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰে। ১৯৩০ চনত ফণী শৰ্মাই পৰিভ্ৰমী নাট্যদল কহিনুৰ অপেৰাত যোগদান কৰে। ইয়াৰ প্ৰতিষ্ঠাপক আছিল ব্ৰজনাথ শৰ্মা। শদিয়াৰ পৰা ধুবুৰীলৈকে, ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে কহিনুৰ অপেৰাই নাট মঞ্চস্থ কৰি যায় আৰু ফণী শৰ্মাৰ অভিনয় ইয়াৰ অন্যতম আকৰ্ষণ হৈ পৰে। এক নাট্য আন্দোলন আৰম্ভ কৰাৰ উপৰিও ১৯৩১ চনত কহিনুৰ অপেৰাই অসমৰ মঞ্চত প্ৰথমবাৰৰ বাবে সহ-অভিনয়ৰ সূত্ৰপাত ঘটায়। কৰুণাকান্ত মজুমদাৰৰ প্ৰযোজনাত আৰম্ভ হোৱা পূৰ্বজ্যোতি ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম বৰ্ষৰপৰাই ফণী শৰ্মাই কেবাখনো নাটক পৰিচালনা কৰিছিল। একে নাট্যদলৰ বাবে দ্বিতীয় বছৰত ফণী শৰ্মাই অভিনয় কৰিছিল। তেখেতে পাছলৈ অন্যান্য ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছিল। বোলছবি জীৱন ১৯৩৫ চনত ফণী শৰ্মাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত কথাছবি জয়মতীৰ নিৰ্মাণত সহযোগ কৰে আৰু তাত গাঁঠি হাজৰিকাৰ চৰিত্ৰ ৰূপায়ণ কৰে। আগৰৱালাৰ দ্বিতীয় কথাছবি ইন্দ্ৰমালতীত তেখেতে নায়কৰ বন্ধু 'ললিত'ৰ ভূমিকাত অভিনয় কৰে। ১৯৪৮ চনত ফণী শৰ্মাই বিষ্ণুপ্ৰসাদ ৰাভাৰ লগত দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ এটা জনপ্ৰিয় ছুটি গল্পৰ আধাৰত ছিৰাজ নামৰ বোলছবি নিৰ্মাণ কৰে। ১৯৫৫ চনত তেখেতে পিয়লী ফুকন বোলছবি পৰিচালনা কৰাৰ লগতে মুখ্য ভূমিকাত অভিনয় কৰে। ১৯৬৩ চনত তেখেতে ইটো সিটো বহুতোত পৰিচালকৰ ভাৰ নলৈ কেৱল অভিনয় কৰে। চলচ্চিত্ৰ জীৱনৰ এয়াই আছিল তেখেতৰ শেষ অভিনয়। নাট্যকাৰ জীৱন মঞ্চ আৰু চলচ্চিত্ৰত অভিনয়ৰ উপৰি এজন নাট্যকাৰ ৰূপেও ফণী শৰ্মা সুপ্ৰসিদ্ধ আছিল। সংখ্যাত কম হ’লেও তেখেতৰ নাটক গুণমানবিশিষ্ট আছিল। এইবোৰত সাহিত্যিক দিশতকৈ নাটকীয়তাক অধিক গুৰুত্ব দিয়া হৈছিল। বিশ্বজনীন কাহিনী আৰু আবেদন থকা তেখেতৰ মঞ্চনাটসমূহ দৰ্শক আৰু সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত হৈছিল। বুৰঞ্জীবিদ সূৰ্যকুমাৰ ভূঞাৰ গ্ৰন্থ 'কোঁৱৰ বিদ্ৰোহ'ত বৰ্ণনা কৰা আহোম স্বৰ্গদেউ চুন্যেওফাৰ দিনত হোৱা বিদ্ৰোহৰ আলম লৈ ফণী শৰ্মাই বুৰঞ্জীমূলক নাটক 'ভোগজৰা' লিখি উলিয়ায়। তেখেতৰ প্ৰথম বোলছবি জয়মতীও বুৰঞ্জীমূলক ঘটনাৰ ওপৰতে আধাৰিত আছিল আৰু ইয়াৰ পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালা এই নতুনচাম নাট্যকাৰৰ ভিতৰত আছিল অন্যতম। স্থানীয় কাহিনীক ভিত্তি কৰি জ্যোতিপ্ৰসাদে শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, লভিতা আদি নাটক ৰচনা কৰিছিল। জ্যোতিপ্ৰসাদৰে পদানুসৰণ কৰি ফণী শৰ্মাই অসমীয়া মানুহ আৰু সংস্কৃতিৰ পৰিচয় বহন কৰা কেইবাখনো নাট লিখে। ১৯৪৮ চনৰ বোলছবি ছিৰাজৰ সফলতাৰ পিছত তেখেতে একে নামৰ নাটক এখন লিখিবলৈ অনুপ্ৰেৰণা লাভ কৰে। ইয়াৰ বিষয়বস্তু আছিল হিন্দু-মুছলমানৰ একতা। ফণী শৰ্মাই নিজেই নাটকখনৰ নামভূমিকাত অভিনয় কৰে আৰু ১৯৫০-৬০ৰ দশকত এশতকৈও অধিক ঠাইত নাটখন মঞ্চস্থ কৰে। অভিনেতা হিছাপে নিজৰ অভিজ্ঞতা আৰু অভিনয় কালত পুত্ৰৰ মৃত্যুৰ সংবাদত পোৱা দুখৰ ফলস্বৰূপে ফণী শৰ্মাই সামাজিক নাটক 'কিয়' ৰচনা কৰে। ইয়াৰ কাহিনী আছিল এনে এজন শিল্পীৰ যি নিজৰ ব্যক্তিগত আৰু সামাজিক জীৱন আন মানুহৰ মনোৰঞ্জৰ বাবে উছৰ্গা কৰে আৰু তাৰ বিনিময়ত সমাজৰ পৰা যৎসামান্যও ক্ষতিপূৰণ নাপায়। আকৌ ৰাজনৈতিক ভ্ৰষ্টাচাৰক লৈ তেখেতে 'নাগ-পাশ' নামৰ নাটক ৰচনা কৰে। 'ক’লা বজাৰ' নাটকত তেখেতে সামাজিক ন্যায় আৰু অসমতাৰ দৰে গম্ভীৰ বিষয়ৰ লগতে হাস্যৰসো সন্নিৱিষ্ট কৰে। ফণী শৰ্মাই জে. বি. প্ৰিষ্টলীৰ বিখ্যাত নাটক এন ইন্সপেক্টৰ ছ অসমীয়া ভাষালৈ অনুবাদ কৰে। ১৯৭০ চনত ফণী শৰ্মাৰ মৃত্যু হয়। অভিনয় কৰা চলচ্চিত্ৰ ফণী শৰ্মাৰ আত্ম-জীৱনী 'ৰং-বিৰং' ফণী শৰ্মাৰ আত্মজীৱনী। হাস্য-ব্যংগৰে ভৰপূৰ এই আত্মজীৱনীখনত সেই সময়ত অসমৰ সাংস্কৃতিক জগতৰ ছবি বিদ্যমান হৈ আছে। বিষ্ণু ৰাভাৰ লগত তেখেতৰ সাংস্কৃতিক পৰিক্ৰমা, অসমীয়া ভ্ৰাম্যমাণ নাটকৰ আৰম্ভণিৰ কাল আৰু জয়মতী চলচ্চিত্ৰ নিৰ্মাণৰ বহুতো অভিজ্ঞতাৰ বৰ্ণনা ইয়াত দিয়া হৈছে। টোকা তথ্য সমল বাহ্যিক সংযোগ অসমৰ ব্যক্তি মৃত ব্যক্তি অসমীয়া অভিনেতা অসমীয়া নাট্যকাৰ অসমৰ চলচ্চিত্ৰ পৰিচালক অসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালক অসমীয়া চলচ্চিত্ৰৰ
22034
https://as.wikipedia.org/wiki/%E0%A6%A5%E0%A7%8D%E0%A7%B0%E0%A7%80%20%E0%A6%87%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%9F%E0%A6%9A%E0%A7%8D
থ্ৰী ইডিয়টচ্
থ্ৰী ইডিয়টচ্ হৈছে ৰাজকুমাৰ হিৰাণি পৰিচালিত ২০০৯ চনত মুক্তি পোৱা এখন হাস্যধৰ্মী ভাৰতীয় হিন্দী চলচ্চিত্ৰ। থ্ৰী ইডিয়টচ মূলত জনপ্ৰিয় ভাৰতীয় লিখক চেতন ভগতৰ ঊপন্যাস !'ৰ আধাৰত নিৰ্মিত, ছবিখনৰ নিৰ্মাতা বিধু বিনোদ চোপ্ৰা মুখ্য ভূমিকাত থকা অভিনেতা অভিনেত্ৰী সকল হৈছে আমিৰ খান, কৰীণা কাপুৰ, আৰ. মাধৱন, শৰমন জোশী, বোমন ইৰাণী, অ’মি বৈদ্য আদি। সফলতা মুক্তিৰ পাছতে বোলছবিখনে বক্স-অফিচৰ পূৰ্বৰ অভিলেখ ভংগ কৰে। এতিয়ালৈকে এইখনেই, মুক্তিৰ প্ৰথম সপ্তাহত সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় বোলছবি, লগতে মুক্তিৰ প্ৰথম দিনাৰ সৰ্বাধিক উপাৰ্জনকাৰী বলিউড বোলছবিৰ অভিলেখো এইখন ছবিৰ নামতে আছে। মুক্তিৰ ১০ দিনৰ ভিতৰতে ছবিখনৰ উপাৰ্জনে ১ বিলিয়ন অতিক্ৰম কৰে, ২০০৯ বৰ্ষত এনে অভিলেখ গঢ়া এইখন প্ৰথম বোলছবি। বছৰৰ শেষ তিনিটা মাহত মুক্তি পোৱা ছবিৰ উপাৰ্জনৰ ক্ষেত্ৰটো এইখনে পূৰ্বৰ অভিলেখকাৰী গজিনীৰ অভিলেখ ভংগ কৰে। আমিৰ খানৰেই অভিনীত আন এখন ছবি গজিনীৰ অভিলেখ ভংগ কৰি থ্ৰী ইডিয়টচ্ ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰী বোলছবিত পৰিণত হয়, তদুপৰি পোন প্ৰথম বাৰৰ বাবে কোনো ভাৰতীয় বোলছবিৰ চীনত বৃহৎ মুক্তিৰে ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসত ই আন এক অভিলেখ স্থাপন কৰে। বোলছবিখনে কেইবাটাও বঁটাও অৰ্জন কৰিবলৈ সক্ষম হয়, ফিল্ম ফেয়াৰৰ শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ পৰিচালকৰ বঁটাৰ সৈতে মুঠ ছবিখনে ৬টা ফিল্ম ফেয়াৰ বঁটা,দহটা ষ্টাৰ স্ক্ৰীন বঁটা আৰু ষোল্লটা আইফা বঁটা অৰ্জন কৰে। অন্যান্য দিশ ছবিখনত ভাৰতৰ পিছপৰা ঠাইৰ অখ্যাত ব্যক্তিৰ দ্বাৰা নিৰ্মিত কিছুমান মৌলিক উদ্ভাৱনো প্ৰদৰ্শন কৰা হয়, কেৰালাৰ ছাত্ৰ ৰেম্যা জ’ছৰ নিৰ্মিত ব্যায়ামাগাৰ-বাইছাইকেল, ৱাচিং মেচিন, উত্তৰ প্ৰদেশৰ এজন নাপিত মোহম্মদ ইদ্দ্ৰিছৰ বাইছাইকেলৰ শক্তিৰে চলা সূতা কটা যন্ত্ৰ আৰু মহাৰাষ্ট্ৰৰ চিত্ৰকৰ জাহাঙ্গীৰৰ স্কুটাৰৰ শক্তিৰে চালিত ঘেঁহু মিল ছবিখনত প্ৰদৰ্শিত হয়। ছবিখন নানবান নামেৰে তামিল ভাষাত পুনৰ নিৰ্মাণ কৰা হয়, নিৰ্মাতা আছিল এছ. শংকৰ, ছবিখন ২০১২ চনৰ জানুৱাৰীত মুক্তি পায়। মূল কাহিনী ফাৰহান কুৰেচি (আৰ. মাধৱন), ৰাজু ৰাষ্ট'গী (শৰমন জোশী) আৰু ৰাঞ্চুৰদাস চামলদাস চাঞ্চড় (আমিৰ খান) ইম্পিৰিয়েল কলেজ অৱ ইঞ্জিনীয়াৰিঙ )ৰ তিনিজন ছাত্ৰ। ফাৰহানে নিজৰ পচন্দৰ বিষয় বন্যজীৱন-ফটোগ্ৰাফী বাদ দি দেউতাকৰ ইচ্ছা পূৰণ কৰিবৰ বাবে ত নামভৰ্তি কৰে, তেনেদৰে ৰাজুৱে পৰিয়ালৰ চিৰদিনৰ দৈন্য দূৰ কৰিবৰ বাবে ত পঢ়া-শুনা কৰিবলৈ আহে। আনহাতে ৰাঞ্চুৱে যন্ত্ৰৰ পাতিৰ প্ৰতি থকা অতীব আকৰ্ষণৰ বাবে তাত ভৰ্তি হয়, ৰাঞ্চুৰ মতে মুখস্ত কৰি পৰীক্ষাত ভাল ফল দেখুওৱাতকৈ কোনো বিষয়ক ভালকৈ বুজি তাৰ প্ৰয়োগ কৰিব পৰাটোহে মূল কথা, তেওঁৰ মতে মানুহে জ্ঞান আৰু কৰ্ম নিপুণতাকহে গুৰুত্ব দিব লাগে, সফলতাক নহয়, নিপুণ এজন এদিন সফল ই। অৱশ্যে ৰাঞ্চুৰ মতৰ সম্পূৰ্ণ বিপৰীত মতাদৰ্শৰ লোক আছিল কলেজৰ বহুতো শিক্ষক আৰু কলেজৰ ডিন বীৰু "ভাইৰাচ" শসস্ত্ৰবুদ্ধি (বোমন ইৰাণী)। তেনেদৰে ভাইৰাছৰ প্ৰিয় ছাত্ৰ চতুৰ ৰামলিংগম (অ’মি বৈদ্য) আছিল কোনো কথা বুজি নোপোৱাকৈ মুখস্ত কৰি পৰীক্ষা ভাল ফলাফল আৰু সমাজত ঊচ্চ আসন পোৱাত বিশ্বাসী ছাত্ৰ। এদিন ৰাঞ্চুৱে, ৰাজু আৰু ফাৰহানৰ সৈতে লুকাই চুৰকৈ ভাইৰাছৰ ডাঙৰ জীৰ বিয়াত বিনামূলীয়াকৈ পোৱা আহাৰ খাবলৈ যাওঁতে কইনাৰ ভনীয়েক(ভাইৰাছাৰ সৰু জী) পিয়া (কৰীণা কাপুৰ)ক লগ পায়, পাছত এই লগ পোৱাই দুয়োৰে মাজৰ প্ৰেমলৈ ৰূপান্তৰিত হয়। অৱশ্যে বিয়াত তেওঁলোক ভাইৰাছৰ হাতত ধৰা পৰে আৰু ভাইৰাছে তেওঁলোকক ইডিয়ট (বুৰ্বক) আখ্যা দিয়ে, পাছত ৰাঞ্চুৰ সৈতে আন দুজনৰ বন্ধুত্ব ভাঙিবলৈ উঠি পৰি লাগে। কথাবোৰ অধিক বেয়াৰ দিশলৈ গতি কৰে যেতিয়া ৰাঞ্চুৱে আন দুই বন্ধুৰ সৈতে ৰাতি পিয়াক প্ৰেমৰ প্ৰস্তাৱ দিবলৈ ভাইৰাছৰ ঘৰত ৰাতি মনে মনে প্ৰবেশ কৰে আৰু ওলটি আহোঁতে দুয়ো বন্ধুৱে মদৰ ৰাগিত ভাইৰাছৰ জপনাতে প্ৰস্ৰাৱ (মূত্ৰ বিসৰ্জন) কৰোঁতে ধৰা পৰে। পিছৰ দিনা ভাইৰাছে ৰাজুক ৰাঞ্চুৰ লগ এৰিবলৈ শেষ বাৰৰ বাবে সকীয়নি দিয়ে অন্যথা কলেজৰ বৰ্খাস্ত কৰিব বুলি ঘোষণা কৰে। দুখ আৰু অপমানত ৰাজুৱে ছাত্ৰ নিবাসৰ চাৰি মহলাৰ পৰা জঁপিয়াই আত্ম হত্যাৰ চেষ্টা কৰে, পিছে এই চেষ্টা ব্যৰ্থ হয় আৰু ৰাজুৰ একাঙী হয়, কিছুদিন মৃত্যুৰ সতে যুঁজি ৰাজু সুস্থ হয় যদিও ই ৰাজুৰ জীৱনটো চিৰদিনলৈ সলাই পেলায়, সফলতাৰ বাবে সদায় ভগৱানত বিশ্বাসী (অন্ধ-বিশ্বাসী) ৰাজুৱে ৰাঞ্চুৰ বুজনিত এনে অমূলক বিশ্বাসবোৰ এৰি পেলায়, আৰু নিজৰ কৰ্ম আৰু নিজৰ শক্তিৰে জীৱনত আগবাঢ়ি যোৱাৰ পণ লয়। তেনেদৰে ফাৰহানেও ৰাঞ্চুৰ সাহসত অভিযান্ত্ৰিকীত নিজৰ অমনোযোগিতা আৰু বন্যজীৱন-আলোকচিত্ৰ গ্ৰহণত নিজৰ হেঁপাহৰ কথা দেউতাকৰ আগত কৈ দিয়ে, পাছত ৰাজুৱে নিজৰ বলত বিচৰা চাকৰি আৰু ফাৰহানে দেউতাকৰ অনুমতি লাভ কৰি চাকৰিৰ বাবে আফ্ৰিকালৈ যায়। দুয়ো নিজৰ কৰ্মক্ষেত্ৰেত পাছৰ জীৱনত যথেষ্ট সফল হয়। যেতিয়া ভাইৰাছে আৱিষ্কাৰ কৰে যে ৰাজুৱে আৱাসিক ইণ্টাৰভিউত এটা চাকৰিৰ প্ৰস্তাৱ পাইছে, তেওঁ এই বাতৰিত ক্ষুণ্ণ হৈ পৰে আৰু ৰাজুক কলেজৰ শেষৰটো পৰীক্ষাত অকৃতকাৰ্য কৰোৱাৰ বাবে উঠি পৰি লাগে, যাতে ৰাজুৱে সেইটো চাকৰি লাভ কৰাত সফল নহয়। পিয়াই দেউতাকৰ এই অভিসন্ধিৰ কথা গম পায় আৰু ৰাজুৱে গম নোপোৱাকৈ ৰাঞ্চু আৰু ফাৰহানক দেউতাকৰ কাৰ্যালয়ৰ চাবি চুৰি কৰি যোগান ধৰে, ৰাঞ্চু আৰু ফাৰহানেও সেই নিশা মনে মনে ভাইৰাছৰ অফিছত প্ৰৱেশ কৰি ৰাজুৰ বাবে পৰীক্ষাৰ প্ৰশ্নকাকত চুৰি কৰি আনে, ভাইৰাছে তেওঁলোকক পুনৰবাৰ ধৰা পেলাই আৰু তিনিওকে কলেজৰ পৰা বৰ্খাস্ত কৰে। পিয়াই ইয়াৰ বাবে দেউতাকৰ বিৰোধিতা কৰে আৰু নিজৰ ককায়েকৰ মৃত্যুৰ বাবে দেউতাককে দোষী বুলি কয়, পিয়াৰ ককায়েকে নিজৰ মতৰ বিৰুদ্ধে দেউতাকে অভিযান্ত্ৰিকী পঢ়িবলৈ বাধ্য কৰাৰ বাবে আৰু -ত আসন লাভ নকৰাৰ বাবে আত্মহত্যা কৰিছিল। সেই ৰাতিয়েই পিয়া সন্তান সম্ভৱা বায়েক(ম’না সিং)ৰ প্ৰসৱ আৰম্ভ বেদনা হয় আৰু সেই ৰাতি হোৱা প্ৰবল ধুমুহা বৰষুণত হোৱা বানৰ বাবে কোনো চিকিৎসালয়লৈ যাব নোৱাৰাকৈ ভাইৰাছৰ সৈতে পথৰ মাজতে নিজৰ গাড়ীত আৱদ্ধ হৈ পৰে, তেনেসময়তে তিনি বুৰ্বক সেই স্থানত উপস্থিত হয়, ৰাঞ্চুৱে নিজে আৱিষ্কাৰ কৰা ইনভাৰ্টাৰেৰে পোৱা শক্তিৰে কম্পিউটাৰ চলাই চিকিৎসালয়ত থকা পিয়াৰ লগত যোগাযোগ স্থাপন কৰে আৰু পিয়াৰ উপদেশ মতে আচৰিতভাৱে বায়েকৰ সন্তানটি প্ৰসৱ কৰোৱায়। প্ৰতিটো বিপদৰ সময়ত ৰাঞ্চুৱে বাৰে বাৰে আওঁৰাইছিল অৰ্থাৎ (সকলো ঠিকে আছে) বুলি, গোটেই ছবিখনৰ প্ৰতিটো বিপদৰ মুহূৰ্তত এই বাক্যশাৰীয়ে আছিল তিনি বন্ধুৰ সহায় আৰু সাহস। ভাইৰাছে এই ঘটনাৰ পিছত নিজৰ ভুল স্বীকাৰ কৰে আৰু তিনিওকে বৰ্খাস্ত কৰাৰ আদেশ ৰদ কৰে। এদিন চতুৰক কৰা অপমানৰ বাবে ৰাঞ্চুৰ আগত চতুৰে শপত খায় যে দহ বছৰৰ ভিতৰত চতুৰে ৰাঞ্চুতকৈ সফল হৈ দেখুৱাব। মহাবিদ্যালয়ৰ সমাৱৰ্তনৰ পাছত সকলোৱে নিজৰ নিজৰ কৰ্মস্থানলৈ যায় আৰু ৰাঞ্চুৱে নিজকে আন সকলোৰে লগত নিজৰ যোগাযোগ বিচিন্ন কৰে। দহ বছৰৰ পাছত চতুৰে শপত খোৱাৰ দৰে এজন সফল ব্যক্তি ৰূপে নিজকে গঢ়ি তোলে, আৰু আমেৰিকাত প্ৰতিষ্ঠা লাভ কৰে। বিখ্যাত চীনা বিজ্ঞানী ফুংচুক ৱাংগৰোৰ লগত নিজৰ চুক্তি চহী কৰিবলৈ ভাৰতলৈ অহাৰ সময়তে ৰাঞ্চুক বিচাৰি পূৰ্বৰ প্ৰতিজ্ঞাৰ কথা আৰু নিজৰ বিজয়ৰ কথা সোঁৱৰাই দিয়াৰ কথা ভাবে, আৰু ভাৰতত আহি ৰাঞ্চুৱে লাডাখৰ কোনো এখন বিদ্যালয়ৰ শিক্ষক হৈয়ে জীৱন কটাইছে বুলি গম পাই উৎফুল্ল হৈ পৰে। ফাৰহান আৰু ৰাজুকো ৰাঞ্চুক বিচাৰি পোৱা বুলি চতুৰে মতাই আনে আৰু তিনিও ৰাঞ্চুক লগ কৰিবৰ বাবে লাডাখ অভিমুখে যাত্ৰা কৰে, সেই সময়তে তেওঁলোকে আৱিষ্কাৰ যে পিয়াৰ বিয়া থিক হৈছে, এই খবৰ পাই আধা বাতৰ পৰাই তেওঁলোকে পিয়াৰ বিয়াত গৈ উপস্থিত হয় আৰু পিয়াক বিবাহ বাহৰৰ পৰা পলুৱাই আনি পুনৰ লাডাখলৈ ৰাওনা হয়। ৰাজু, ফাৰহান, পিয়া ৰাঞ্চুৰ স্কুলত উপস্থিত হয়গৈ, চতুৰে ৰাঞ্চুৰক স্কুলৰ শিক্ষক হৈ থকাৰ বাবে উপহাস কৰে আৰু নিজৰ বিজয় পত্ৰত চহী কৰিবলৈ কয়, চহী কৰাৰ সময়তে সকলোৱে গম পায় যে ৰাঞ্চুৱেই প্ৰকৃততে চতুৰে লগ কৰিবলৈ অহা বিখ্যাত চীনা বিজ্ঞানী ফুংচুক ৱাংগৰো, এই কথা গম পাই চতুৰে নিজৰ ভুলৰ বাবে ৰাঞ্চুৰ ওচৰত ক্ষমা খোজে আৰু নিজে হৰা বুলি স্বীকাৰ কৰি লয়। অভিনেতা-অভিনেত্ৰী আমিৰ খান ৰনচ'ৰ দাস শ্যামল দাস চাঞ্চৰ/ ফুনচুখ ৱাংগৰু কৰীণা কাপুৰ প্ৰিয়া সহস্ৰবুদ্ধী আৰ. মাধৱন ফাৰহান কুৰেশি শৰমন জোশী ৰাজু ৰস্তোগি বোমন ইৰাণী বীৰু সহস্ৰবুদ্ধী অ'মি বৈদ্য চতুৰ ৰামালিঙ্গম ম'না সিং ম'না সহস্ৰবুদ্ধী পৰিক্ষিত সাহানী বঁটা '৫৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা' শ্ৰেষ্ঠ মনোৰঞ্জনকাৰী জনপ্ৰিয় ছবি থ্ৰী ইডিয়টচ শ্ৰেষ্ঠ অ’ডিঅ’গ্ৰাফী অনুপ দেৱ শ্ৰেষ্ঠ গীতিকাৰ- স্বানন্দ কিৰ্কিৰে বেহতী হৱা চা থা ৱো 'আইফা বঁটা ২০১০' শ্ৰেষ্ঠ ছবি থ্ৰী ইডিয়টচ শ্ৰেষ্ঠ পৰিচালক ৰাজ্কুমাৰ হিৰাণি শ্ৰেষ্ঠ কাহিনী অভিজিত জোসী, ৰাজকুমাৰ হিৰাণি, বিধু বিনোদ চোপ্ৰা শ্ৰেষ্ঠ সহ: অভিনেতা সৰমন জোসী শ্ৰেষ্ঠ অভিনেত্ৰী কৰিণা কাপুৰ শ্ৰেষ্ঠ খলনায়ক বোমন ইৰাণী শ্ৰেষ্ঠ সংগীতকাৰ স্বানন্দ কিৰ্কিৰে বেহতী হৱা চা থা ৱো শ্ৰেষ্ঠ গায়ক চান বেহতী হৱা চা থা ৱো শ্ৰেষ্ঠ চিত্ৰায়ন চি. কে. মুৰলীধৰণ, আ.এচ.চি শ্ৰেষ্ঠ চিত্ৰানাট্য অভিজিত জোসী, ৰাজকুমাৰ হিৰাণি, বিধু বিনোদ চোপ্ৰা শ্ৰেষ্ঠ সংলাপ অভিজিত জোসী, ৰাজকুমাৰ হিৰাণি শ্ৰেষ্ঠ সম্পাদনা ৰাজকুমাৰ হিৰাণি শ্ৰেষ্ঠ শব্দ বাণীবন্ধন বিশ্বদীপ চেতাৰ্জী, নিহাল ৰঞ্জন চামল শ্ৰেষ্ঠ গীত বাণীবন্ধন বিশ্বদীপ চেতাৰ্জী, শচীন কে. চাংভী শ্ৰেষ্ঠ শব্দ পুন: বাণীবন্ধন অনুপ দেৱ শ্ৰেষ্ঠ আৱহ সংগীত সঞ্জয় ৱানদেৰকাৰ, অতুল ৰাংগানীয়া, শান্তনু মৈত্ৰ 'ফিল্মফেয়াৰ বঁটা ২০১০' শ্ৰেষ্ঠ ছবি থ্ৰী ইডিয়টচ বিধু বিনোন চোপ্ৰা শ্ৰেষ্ঠ পৰিচালক ৰাজ্কুমাৰ হিৰাণি শ্ৰেষ্ঠ সহ: অভিনেতা বোমন ইৰাণী শ্ৰেষ্ঠ সংলাপ ৰাজ্কুমাৰ হিৰাণি, বিধু বিনোন চোপ্ৰা শ্ৰেষ্ঠ কাহিনী অভিজিত জোসী, ৰাজকুমাৰ হিৰাণি, বিধু বিনোদ চোপ্ৰা শ্ৰেষ্ঠ চিত্ৰানাট্য অভিজিত জোসী, ৰাজকুমাৰ হিৰাণি, বিধু বিনোদ চোপ্ৰা মেক্স ষ্টাৰডাষ্ট এৱাৰ্ড ২০১০ পঢ়ুৱৈৰ নিৰ্বাচিত বছৰটোৰ তাৰকা (মহিলা)- কৰীণা কাপুৰ পঢ়ুৱৈৰ নিৰ্বাচিত বছৰটোৰ শ্ৰেষ্ঠ ছবি ৰাজ্কুমাৰ হিৰাণি ষ্টাৰ স্ক্ৰীন এৱাৰ্ড ২০১০ শ্ৰেষ্ঠ ছবি থ্ৰী ইডিয়টচ বিধু বিনোন চোপ্ৰা শ্ৰেষ্ঠ পৰিচালক ৰাজ্কুমাৰ হিৰাণি শ্ৰেষ্ঠ জনপ্ৰিয় অভিনেত্ৰী কৰিণা কাপুৰ শ্ৰেষ্ঠ খলনায়ক বোমন ইৰাণী শ্ৰেষ্ঠ কৌতুক অভিনেতা অ’মি বৈদ্য শ্ৰেষ্ঠ চিত্ৰানাট্য অভিজিত জোসী, ৰাজকুমাৰ হিৰাণি, বিধু বিনোদ চোপ্ৰা শ্ৰেষ্ঠ সংলাপ ৰাজকুমাৰ হিৰাণি, বিধু বিনোন চোপ্ৰা শ্ৰেষ্ঠ সম্পাদনা ৰাজকুমাৰ হিৰাণি শ্ৰেষ্ঠ ক’ৰিঅ’গ্ৰাফী ব’স্কো চিজাৰ শ্ৰেষ্ঠ প্ৰতিশ্ৰুতিসম্পন্ন নৱাগত (পুৰুষ) অ’মি বৈদ্য চলচ্চিত্ৰখনৰ গীতসমূহ ছবিখনৰ গীতৰ কথা স্বানন্দ কিৰ্কিৰেৰ সংগীত পৰিচালনা শান্তনু মৈত্ৰৰ। গীতৰ তালিকা বাহ্যিক সংযোগ আমিৰৰ থ্ৰী ইডিয়টচে সন্ত্ৰাসবাদেৰে যুঁজাত সহায় কৰিছে তথ্যসূত্ৰ হিন্দী
56311
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%BE%E0%A6%B6%E0%A7%8D%E0%A6%AC%20%E0%A6%B8%E0%A6%BE%E0%A6%AE%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A7%B1%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE
নাশ্ব সাম্যাৱস্থা
খেল সূত্ৰত নাশ্ব সাম্যাৱস্থা জন নাশ্বৰ নামৰ এটি সমাধানৰ ধাৰণা যি অসহযোগিতামূলক খেলৰ ক্ষেত্ৰত প্ৰযোজ্য। এনে খেলত এই সাম্যাৱস্থাত ধৰি লোৱা হয় যে প্ৰত্যেকজন খেলুৱৈয়ে আন খেলুৱৈসকলৰ সাম্যাৱস্থাৰ কৌশল বা কাৰ্যনীতি জানে, আৰু যদি আন কোনো খেলুৱৈয়ে নিজৰ কাৰ্যনীতি সলনি নকৰে, কোনো খেলুৱৈৰে নিজৰ কাৰ্যনীতি সলনি কৰৰ কাৰণ নাই। খেল সূত্ৰৰ বিকাশৰ বাবে নাশ্বক অৰ্থনীতিৰ নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল। খেল সূত্ৰৰ শব্দত, প্ৰত্যেকজন খেলুৱৈয়ে নিজৰ নিজৰ এটি কাৰ্যনীতি চয়ন কৰি লয় আৰু কোনো খেলুৱৈয়ে আন খেলুৱৈয়ে নিজৰ কাৰ্যনীতি সলনি নকৰিলে কেৱল নিজৰ কাৰ্যনীতি সলনি কৰি লাভান্বিত হ'ব নোৱাৰে- এই অৱস্থাই নাশ্ব সাম্যাৱস্থা। অস্তিত্বৰ প্ৰমাণ কাকুটানি ড পইণ্ট উপপাদ্য ব্যৱহাৰ কৰি নাশ্বে পোণপ্ৰথমে নিজৰ থেচিচত ব্ৰাৱাৰৰ ড পইণ্ট উপপাদ্য ব্যৱহাৰ কৰিছিল। ১৯৫০ চনত তেওঁ আন এক গৱেষণাপত্ৰ প্ৰকাশ কৰি এক অন্য প্ৰমাণ প্ৰকাশ কৰিলে য'ত কাকুটানি ড পইণ্ট উপপাদ্য ব্যৱহাৰ কৰা হ'ল। তেওঁ ডেভিড গে'লে এনে সৰলীকৰণ সম্ভৱ বুলি মন কৰা বুলি উল্লেখ কৰিছিল। নাশ্ব সম্যাৱস্থাৰ অস্তিত্ব প্ৰমাণ কৰিবলৈ ধৰি লওক খেলুৱৈ ৰ প্ৰতিক্ৰিয়া আন সকলো খেলুৱৈৰ কাৰ্যনীতিৰ বাবে। ইয়াত, য'ত এটি মিশ্ৰিত-কাৰ্যনীতি প্ৰ'ফাইল সকলো মিশ্ৰিত-কাৰ্যনীতিৰ চে'টত আৰু খেলুৱৈ ৰ প্ৰতিদান ফলন। এটি চে'ট-মানৰ ফলন সংজ্ঞায়িত কৰক যাতে নাশ্ব সাম্যাৱস্থাৰ অস্তিত্ব আৰু ৰ এটি ড পইণ্টৰ অস্তিত্ব সমাৰ্থক। কাকুটানিৰ ড পইণ্ট উপপাদ্যই এনে এক ড পইণ্টৰ অস্তিত্ব নিশ্চিত কৰে যদি এই চাৰি চৰ্ত পূৰ্ণ হয়: সদস্যহীন নহয়, সঘন, উত্তল। সদস্যহীন নহয়। উচ্চ অৰ্ধ-নিৰন্তৰ। উত্তল চৰ্ত একঃ এই চৰ্ত পূৰ্ণ হয় এই কাৰণে যে এটি চিম্প্লেক্স হয় আৰু সেয়েহে সঘন। উত্তলতা খেলুৱৈসকলে কাৰ্যনীতি মিশ্ৰণ কৰাৰ ক্ষমতাৰপৰা আহে। ৰ সদস্য আছে যদি খেলুৱৈসকলৰ কাৰ্যনীতি আছে। চৰ্ত ২ আৰু ৩ পূৰ্ণ হয় বাৰ্জেৰ বৃহদায়িত উপপাদ্যৰ বাবে। যিহেতু নিৰন্তৰ আৰু সঘন, সদস্যহীন নহয় আৰু উচ্চ অৰ্ধ-নিৰন্তৰ। চৰ্ত ৪ মিশ্ৰিত কৰ্যনীতিৰ বাবে পূৰ্ণ হয়। ধৰি লওক তেন্তে যদি দুই কাৰ্যনীতিয়ে প্ৰতিদান বৃহদায়িত কৰে, দুয়োৰে মিশ্ৰণেও একেই প্ৰতিদান প্ৰদান কৰিব। সেয়েহে ৰ এটি ড পইণ্ট আছে, এটি নাশ্ব সাম্যাৱস্থা আছে। যেতিয়া নাশ্বে এই কথা জন ভন নয়মেনক ১৯৪৯ত কৈছিলে, ভন নয়মেনে বিখ্যাতভাৱে এনেদৰে কৈ এই কথা খাৰিজ কৰিছিল, "এয়া নগণ্য, তুমি জানা। ই মাথো এটি ড পইণ্ট উপপাদ্য।" 1998, 94.) ব্ৰাৱাৰ ড পইণ্ট উপপাদ্য ব্যৱহাৰ কৰি আমাৰ ওচৰত আছে এটি খেল য'ত খেলুৱৈৰ সংখ্যা আৰু খেলুৱৈসকলৰ কাৰ্য-চে'ট। প্ৰত্যেক কাৰ্য-চে'ত সসীম। ধৰি লওক খেলুৱৈসকলৰ মিশ্ৰিত কাৰ্যনীতিৰ চে'ট। যিহেতু সসীম, সেয়ে সঘন। এতিয়া আমি বৃদ্ধি ফলন সংজ্ঞায়িত কৰিব পাৰোঁ। কোনো মিশ্ৰিত কাৰ্যনীতি ৰ বাবে, আমি খেলুৱৈ ৰ বৃদ্ধি কাৰ্য ত হ'বলৈ দিওঁ বৃদ্ধি ফলনে সেই উপকাৰিতাৰ প্ৰতিনিধিত্ব কৰে যি কোনো খেলুৱৈয়ে কেৱল নিজেই কাৰ্যনীতি সলাই পাব। এতিয়া আমি সংজ্ঞায়িত কৰোঁ য'ত ৰ বাবে। আমি দেখোঁ যে তাৰ পাছত আমি সংজ্ঞায়িত কৰোঁ এই কথা সহজতেই চাব পাৰি যে হ'ল ত এটি বৈধ মিশ্ৰিত কাৰ্যনীতি। এই কথাও সহজে চাব পাৰি যে হ'ল ৰ এটি নিৰন্তৰ ফলন, আৰু সেয়ে এটি নিৰন্তৰ ফলন। এটি সসীম সংখ্যক সঘন উত্তল চে'টৰ পূৰণফল হিচাপে, ও সঘন আৰু উত্তল। ব্ৰাৱাৰৰ ড পইণ্ট উপপাদ্য আৰু ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি আমি পাওঁ যে ৰ ত এটি ড পইণ্ট আছে। এই ড পইণ্টক বোলোঁ। আমি দাবী কৰোঁ যে হ'ল ৰ এটি নাশ্ব সাম্যাৱস্থা। এই দাবী সত্য বুলি দেখুৱাবলৈ আমি এই কথা দেখুৱালেই হ'ল যে ইয়াৰ অৰ্থ এয়াই যে কোনো খেলুৱৈয়ে একপক্ষীয়ভাৱে নিজৰ কাৰ্যনীতি সলনি কৰি উপকাৰিতা বৃদ্ধি কৰিব নোৱাৰে। এই চৰ্তই নাশ্ব সাম্যাৱস্থা। ধৰি লওক প্ৰত্যেক বৃদ্ধি শূণ্য নহয়। আৰু যাতে তেন্তে মন কৰক যে সেয়ে ধৰি লওক আমি এৰে বুজাওঁ এটি বৃদ্ধি সদিশ ৰ কাৰ্যসমূহেৰে অনুক্ৰমিত কৰা। যিহেতু ড পইণ্ট, আমি পাওঁ: যিহেতু আমি জানো যে হ'ল সদিশ ৰ কোনো ধনাত্মক স্কেলিং। এতিয়া আমি দাবী কৰোঁ যে কাৰণ জানিবলৈ, প্ৰথমে মন কৰক যে যদি তেন্তে এই কথা বৃদ্ধি ফলনৰ সংজ্ঞাৰ ববেই সত্য হয়। এতিয়া ধৰি লওক আগৰ তৰ্কৰপৰা আমি জানোঁ যে যাৰ বাবে এল এইচ এছ শূণ্য, সেয়ে সমগ্ৰ পদেই যি আমি দেখুৱাব বিচাৰিছিলোঁ। সেয়েহে আমি পাওঁ য'ত শেষৰ অসমতা সত্য কাৰণ এটি শূণ্য নোহোৱা সদিশ। কিন্তু ই এক স্পষ্ট অন্তৰ্বিৰোধ, সেয়ে বৃদ্ধি শূণ্যই হ'ব লাগিব। সেয়েহে, হ'ল ৰ এটি নাশ্ব সাম্যাৱস্থা, আমি দেখুৱাব বিচৰাৰ দৰেই। উদাহৰণ নাশ্ব সাম্যাৱস্থাৰ ধাৰণাৰ প্ৰয়োগ অৰ্থনীতি, জীৱবিজ্ঞান, কম্পিউটাৰ বিজ্ঞান আদি অনেক ক্ষেত্ৰত কৰা হয়। তলত নামৰ এটি খেলৰ উদাহৰণ দিয়া হ'ল। খেল আব্যুহ হ'ল: ইয়াত ২ খেলুৱৈ আছে আৰু দুয়োৰে ২ শুদ্ধ কাৰ্যনীতি ক আৰু খ আছে। এজন খেলুৱৈয়ে শাৰী চয়ন কৰে আৰু আনজন খেলুৱৈয়ে স্তম্ভ চয়ন কৰে। বাওঁফালৰ সংখ্যাই শাৰী চয়নকাৰীৰ প্ৰতিদান আৰু সোঁফালৰ সংখ্যাই স্তম্ভ চয়নকাৰীৰ প্ৰতিদান সূচাই। উদাহৰণ স্বৰূপে যদি খেলুৱৈ শাৰী-চয়নকাৰীয়ে খ আৰু খেলুৱৈ স্তম্ভ-চয়নকাৰীয়ে ক চয়ন কৰে, তেন্তে শাৰী চয়নকাৰীয়ে ০ আৰু স্তম্ভ চয়নকাৰীয়ে ৫ প্ৰতিদান পায়। যদি দুয়োৱে খ চয়ন কৰে, তেন্তে স্তম্ভ চয়নকাৰীয়ে নিজৰ কাৰ্যনীতি ক লৈ সলনি কৰি উপকৃত হ'ব পাৰে, কাৰণ তেওঁৰ প্ৰতিদান ৩ৰপৰা ৫লৈ বৃদ্ধি পাব। একেই যুক্তি শাৰী চয়নকাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য। ঠিক তেনেদৰে, এজন খেলুৱৈয়ে ক আৰু আনজনে খ চয়ন কৰিলে, ক চয়ন কৰ খেলুৱৈজন উপকৃত হ'ব পাৰে। কেৱল দুয়োজন খেলুৱৈয়ে ক চয়ন কৰা অৱস্থাতহে এনেদৰে কাৰ্যনীতি সলাই উপকৃত হোৱাৰ থল নাথাকে। সেয়ে (ক,ক) হ'ল শুদ্ধ কাৰ্যনীতি নাশ্ব সাম্যাৱস্থা। এই খেল অনেক বাস্তৱ পৰিঘটনাৰ সৰলীকৃত প্ৰতিনিধিত্বৰ বাবে আৰু বুজিবলৈ ব্যৱহাৰ কৰা যাব পাৰি। যেনে, যদি খ হ'ল "সঁচা কথা কোৱা" আৰু ক হ'ল "মিছা কথা কোৱা" তেন্তে সকলোৱে মিছা কথা কোৱাই হ'ল নাশ্ব সাম্যাৱস্থা। ঠিক তেনেদৰে, যদি খ হ'ল "দাম উচ্চ ৰাখিবা" আৰু ক হ'ল "দাম কম ৰাখিবা" তেন্তে প্ৰেত্যেক ব্যৱসায়িক প্ৰতিষ্ঠানে দাম কমোৱাই হ'ল নাশ্ব সাম্যসাৱস্থা। টোকা তথ্য সংগ্ৰহ 2009) (1991) 2. (1947) 3. (1950) 36(1):48-49. (1951) 54(2):286-295. (2000) (1998), লগতে চাওক ৱালৰাছৰ বিধান কল্যাণ অৰ্থনীতিৰ মৌলিক উপপাদ্য মাৰ্চেলিয়ান চাহিদা ফলন উপভোক্তা আচৰণ তত্ত্ব সেন সূচক অৰ্থনীতি
22532
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A7%81%E0%A7%B0%20%E0%A6%96%E0%A6%BE%E0%A6%A6%E0%A7%8D%E0%A6%AF
বিহুৰ খাদ্য
বিহু সাংস্কৃতিক বৈশিষ্ট্যৰে ভৰপূৰ অসমৰ কৃষিভিত্তিক জাতীয় উৎসৱ। অসমত তিনিটা বিহু পালন কৰা হয়, ব’হাগ বিহু বা ৰঙালী বিহু (বসন্তৰ বিহু), মাঘ বা ভোগালী বিহু (খেতি চপোৱা বিহু) আৰু কাতি বা কঙালী বিহু (শৰতৰ বিহু)। বিহু উৎসৱৰ লগত খোৱা-বোৱাৰ ওতঃপ্ৰোত সম্বন্ধ আছে। বিশেষকৈ ভোগালী বিহু খেতি চপোৱাৰ পাছত উপলব্ধ বিভিন্ন খাদ্য সম্ভাৰ আনন্দ মনেৰে উপভোগ কৰাৰ প্ৰক্ৰিয়াৰ পৰাই আৰম্ভ হৈছে। ভোগালী আৰু ৰঙালী বিহুত নানান সুস্বাদু খাদ্য তৈয়াৰ কৰি নিজৰ লগে আলহী আতিথিক খুওৱাৰ পৰম্পৰাৰ লগতে সমূহীয়াকৈ ভোজভাত খোৱাৰ ৰীতি আছে। জলপান আৰু বিভিন্ন ধৰণৰ পিঠা-পনা ভাজিবৰ বাবে বৰা ধান, মালভোগ ধান, বেজী ধান, চকোৱা, নানিয়া বা নলচুটি আদি ধানৰ খেতিও বিশেষভাৱে কৰা হয়। বিহু উৎসৱত প্ৰচলিত খাদ্য সম্ভাৰ সমূহৰ এক চমু বিৱৰণ তলত দিয়া হ'ল- পিঠা পনা জলপানৰ নিচিনাকৈ পিঠা-পনাৰ অবিহনে বিহু অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। অসমীয়া লোকে বিহুত তৈয়াৰ কৰা কেইবিধমান পিঠা হ'ল- তিল পিঠা বৰা চাউলৰ পিঠাগুৰিৰ মাজত তিল আৰু গুৰৰ মিশ্ৰণ সুমুৱাই শুকানকৈ খোলাত ভজা পিঠা। তিল পিঠাৰ দৈৰ্ঘ্য ৪ ইঞ্চিৰ পৰা ১০ ইঞ্চি মানলৈকে হোৱা দেখা যায়। এই পিঠা ভাজিবলৈ যথেষ্ট ধৈৰ্যৰ প্ৰয়োজন হয়। নাৰিকল পিঠা- তিল পিঠাৰ দৰেই ইয়াক ভজা হয়। মাথোঁ তিল আৰু গুৰৰ জেগাত নাৰিকল ৰুকি চেনিৰ লগত অলপ ভাজি পিঠাগুৰি খিনিৰ মাজত দিয়া হয়। ঘিলা পিঠা- এই পিঠা বনাবলৈ পিঠাগুৰিখিনিত গুৰ সানি কিছু সময় থৈ দি হাতৰ তলুৱাত লৈ গোলাকৃতিৰ কৰি মিঠাতেলত ভাজিব লাগে। ইয়াক নিমখদিও ভাজিব পাৰি। এই পিঠা অতি জনপ্ৰিয়। বৰ পিঠা- এই পিঠা ভাজিলৈও বৰা বা আৰৈ চাউলৰ গুৰি, গুৰ, খোৱা চৌডাৰ প্ৰয়োজন হয়। ইয়াক ঘিলা পিঠাৰ দৰেই বনোৱা হয়। ফেনী পিঠা- পিঠাগুৰিৰ লগত গুৰ মিহলি কৰি কিছু পনিয়া কৰি ল‘ব লাগে। তাৰ পিছত কম জুই দি কেৰাহীত হেঁতাৰে এহেতামান দি ঢাকোন মাৰি থ‘ব লাগে অলপ পিছত লুটিয়াই আকৌ ঢাকোন মাৰি ভাজিব লাগে। হেতা বা চামুচেৰে পিঠাগুৰিখিনি যিমান ফেটিব সিমানে পিঠাটো খাবলৈ ভাল হ‘ব। খোলা চপৰীয়া পিঠা- ফেনী পিঠাৰ দৰেই এই পিঠা ভজা হয় মাথোঁ গুৰৰ ঠাইত নিমখ আৰু অকণমান তেল লাগে। ইয়াকো কম জুইত ঢাকোন মাৰি ভাজিব লাগে। কিছুমানে অৱশ্যে গুৰ দিও ভাজে। জোনপিঠা- এই পিঠা ভাজিবলৈ বৰাচাউলৰ পিঠাগুৰি দুটামান সিজোৱা মিঠাআলু অলপমান গাখীৰ, চেনিৰ ৰস লাগে। পিঠাবোৰ জোনবিৰিৰ আকাৰে ঘিলা পিঠাৰ দৰেই ভাজি কিছু সময় চেনি ৰসত ডুবাই থ‘ব লাগে। টেকেলি পিঠা- এই পিঠা পিঠাগুৰি, ৰোকা নাৰিকল আৰু চেনিৰ মিশ্ৰণ কৰি টেকেলি মুখত ভাপত ভজা হয়। ইয়াত তেল ব্যৱহাৰ নহয় যদিও খাবলৈ সোৱাদ হয়। টোপোলা পিঠা এই পিঠা কলপাত বা তৰা পাতত পিঠাগুৰি খিনিত নিমখ মিলাই মেৰিয়াই পানীত সিজোৱা হয়। কল পিঠা- পকাকল, পিঠাগুৰি আৰু গুৰ মিশ্ৰণ কৰি তেলত ডুবাই এই পিঠা ভজা হয়। চুঙা পিঠা- কেঁচা পিঠাগুৰি আৰু গুৰ মিহলাই কোমাল বাঁহৰ চুঙাত পুৰি ভজা হয়। মুঠীয়া পিঠা- কেঁচা পিঠাগুৰি পানীৰে সানি মুঠি-মুঠি কৰি উতলা পানীত সিজাই মুঠিয়া পিঠা কৰা হয়। সুতুলি পিঠা- এই পিঠা ঘিলা পিঠাৰ দৰেই ভজা হয় যদিও তাত তিল ভাজি গুৰৰ লগত মিশ্ৰণ কৰি লাডুটোৰ ভিতৰত সুমুৱাই তেলত ভজা হয়। ইয়াক সুতুলিৰ আকৃতিত বনোৱা হয় বাবে সয়তুলি পিঠা বুলি কয়। ইয়াক গৰমে গৰমে খাবলৈ বৰ ভাল। লুথুৰি পিঠা- পিঠাগুৰিৰ লগত গুৰ বা চেনি পানীৰ লগত ঢিলাকৈ সানি কম জুইত সিজাই পিছত গাখীৰৰ লগত খোৱা পিঠা। জাপৰী পিঠা- ঘিলা পিঠা এটা সাজি, তাত তিল আৰু গুৰ দি তাৰ ওপৰত তেনে জোখৰ আন এটা ঘিলা পিঠাৰ কাষ কেইটা যোৰা লগাই তেলত ভজা হয়। এয়াকে জাপৰী পিঠা কোৱা হয়। ইয়াৰোপৰি আৰু বহুতো পিঠা গ্ৰামাঞ্চলত ভজা হয়। যেনে- ধুম পিঠা, নাঙল ধোৱা পিঠা, ভাত পিঠা, ভুৰ-ভুৰী পিঠা, তাল পিঠা ইত্যাদি। ইয়াৰ বাদেও বিহত লাড়ু আৰু মিঠৈও তৈয়াৰ কৰা হয়। তিলৰ লাড়ু, মুড়িৰ লাড়ু, আখৈৰ লাড়ু, নাৰিকলৰ লাড়ু, কেঁচা মিঠে, পকা মিঠে আদি সাধাৰণতে তৈয়াৰ কৰে আৰু প্ৰিয় সকলক আনন্দেৰে খুৱাই। লাওপুলি পিঠা-কোমল জাতিলাও সিজাই, পিঠাগুৰিৰ সৈতে লদা কৰি ভাজে লাওপুলি পিঠা তৈয়াৰ কৰা হয়। ভজাৰ পাছত জুলীয়া গুৰত ডুবাই ৰখা হয়। তাল পিঠা পকা তালৰ ৰসৰ আৰু সাহৰ লগত পিঠাগুৰি, চেনি মিহলাই তেল ভাজি এই পিঠা তৈয়াৰ কৰা হয়। সাহ পিঠা শুকান পিঠাগুৰিৰ খোলাত দি মাজত গাখীৰ, চেনি আৰু পিঠাগুৰিৰ মণ্ড দি ৰন্ধা এবিধ পিঠা। জলপান চিৰা চিৰা- বকুল বৰা চকোৱা বা মৌ বৰা ধানৰ যিকোনো এবিধ ধানৰ পৰা চিৰা বনোৱা হয়। ধানখিনি দুদিন বা তিনিদিন পানীত তিয়াই খৰাহীত টুকি থৈ কেৰাহীত ভাজি অলপ অলপকৈ ফুটোতে নমাই লৈ ঢেঁকীত খুন্দিব লাগে। তাৰ পিছত তুঁহখিনি জাৰিদিয়াৰ পিছত যিখিনি থাকি যাব সিয়েই চিৰা। ইয়াক দৈ, ক্ৰীম, গুৰ,পকা কল অথবা গৰম গাখীৰৰ লগত গুৰ বা চেনি মিহলায়ো খোৱা যায়। মুড়ি চকোৱা, নানিয়া বা নলচুটি আদি ধানৰ পৰা মুড়ি বনোৱা হয়। ইয়াৰে যিকোনো এবিধ ধান কেৰাহীত পানীত তিয়াই থৈ ফুট দিলে জুই নুমুৱাই পিছদিনা আকৌ অলপ জুই দি সিজাই ধানখিনি অলপ ফাটিলেই তাক কেৰাহীৰ পৰা কাঢ়ি নি ৰ‘দত দি শুকুৱাব লাগে। সাধাৰণতে মুড়িৰ ধান দুটা ৰ‘দত শুকুৱাই লয়। তাৰপিছত ইয়াক খুন্দি চাউল উলিয়াই কেৰাহীত বালি দি সেই চাউল ভাজিলে ফট-ফটকৈ ফুটি যেতিয়া ফুলি উঠে তাক সেৰেঙা খৰাহীৰে কাঢ়ি থ‘ব লাগে। ইয়ে মুড়ি জলপান। ইয়াকো দৈ, ক্ৰীম, গুৰ,পকা কল অথবা গৰম গাখীৰৰ লগত গুৰ বা চেনি মিহলায়ো খোৱা যায়। আখৈ ওপৰত উল্লেখ কৰা যিকোনো এবিধ ধানৰ পৰা আখৈ তৈয়াৰ কৰিব পাৰি। ইয়াক বনাবলৈ ধানখিনি অলপ সময় তিয়াই থৈ তাৰ পিছত ৰ‘দত শুকুৱাই কেৰাহীত অলপ অলপকৈ দি লৰাই থাকিলে ধানবোৰ ফুটিবলৈ ধৰিব। তেতিয়া বাঁহৰ চালনীৰে ঢাকিদি ফুটা হ‘লে কাঢ়ি লৈ বাহঁৰ চালনীৰে চালি বতাহ সোমাব নোৱাৰাকৈ টান সাফৰ মাৰি টেমাত ভৰাই থৈ দিব লাগে। এই জলপান আকৌ দৈ বা এঁৱা গাখীৰৰ লগত খাই ভাল লাগিলেও ইয়াক চিৰা আৰু মুড়িৰ লগত মিহলায়ো খোৱা হয়। খাও ৰুম বা হু-ৰুম খাও ৰুম জলপান বিশেষকৈ উৎকৃষ্টমানৰ বৰাধানৰ পৰাহে তৈয়াৰ কৰা হয়। সাধাৰণতে উজনি অসমৰ ফালেহে খাও ৰুম তৈয়াৰ কৰা হয় আৰু আহোম সকলেই প্ৰথমে খাও ৰুম বনাইছিল বুলি জনা যায়। খাও ৰুমৰ ধান খিনিও তিনি-চাৰিদিন পানীত তিয়াই থৈ পিছত কেৰাহিত ভপাব লাগে। ধানখিনি হোলোঙাৰে বা কাঠৰ হেঁতাৰে ভালকৈ লৰাই থকাৰ পিছত ফাটো-ফাটো হওঁতেই পাচিত কাঢ়িব লাগে। তাৰ পাছত শুকানে কেৰাহিত অলপ সময় ভাজিব লাগে। তাৰ পাছত ধানখিনি ঢেঁকীত খুন্দি চাউল উলিওৱা হয়। ইয়াৰ পিছত এৰাতি থৈ চেঁচা হোৱাৰ পিছত চাউলখিনত অকণমান ঘিঁউ বা তেল সানি কেৰাহিত চাফা বালিৰ সতে অলপ অলপকৈ ভাজি থাকিলে খাও ৰুম ফুটি ওলাব। কোমল চাউল এই জলপানো সাধাৰণতে চকোৱা, নানিয়া বা তেনেধৰণৰ ধানৰ পৰাই তৈয়াৰ কৰা হয়। ইয়াৰে যিকোনো এবিধ ধান কেৰাহিত সিজাই ফাটি গ‘লে কিছু সময় চেঁচা হ‘বলৈ দি টান ৰ‘দত শুকুৱাব লাগে। তাৰ পিছত ঢেঁকী বা মিলত খুন্দি চাউল উলিয়াই জলপান হিচাপে ব্যৱহাৰ কৰা হয়। জলপান খোৱাৰদিনা এই চাউল কিছু সময় তিয়াই থ‘লেই কোমল হৈ পৰিব আৰু খোৱাৰ বাবে উপযোগী হ‘ব। কোমল চাউল দৈ বা এঁৱা গাখীৰৰ উপৰিও নিমখ, তেল আদাৰ লগতো খাব পাৰি। কেতিয়াবা ইয়াৰ লগত কেইটানমান তিয়াই থোৱা বুটমাহ মিহলাইও নিমখ তেল দি খাব পাৰি। বৰা চাউলৰ জলপান বৰা ধান ৰ‘দত শুকুৱাই ঢেঁকী বা মিলত খুন্দি চাউল উলিয়াই ল‘ব লাগে। এই চাউল পিছত ভাত সিজোৱাৰ দৰে সিজাই জলপানৰ দৰে খোৱা হয়। কিছুমানে বৰাচাউল, ঘিঁউত ভাজি, ছেৱা বা ভাপত দি, বাঁহৰ চুঙা আদিত সিজাইও জলপান কৰি খায়। থমা দৈ, গুৰ আৰু ক্ৰীম, কল আদিৰ উপৰিও নিমখীয়া ভাজি, তৰকাৰী আদিৰ লগতো বৰা চাউলৰ ভাত খোৱা হয়। ভজা বৰা চাউলৰ জলপান এই জলপান বনাওতেৱো বৰাধানখিনি কেৰাহীত তিনিদিন তিয়াই থৈ টুকি এখন কেৰাহীত অলপ-অলপকৈ ভাজিব লাগে। ভজা-ভজা গোন্ধ ওলালে বা এটা-দুটা ধান ফুটিলে পাচিত নমাই থৈ দিব লাগে। পিছদিনা সেইধান খুন্দি আনি চাউল কৰি থৈ দিব লাগে। এই ভজা বৰা চাউল খাবৰ সময়ত দুবাৰ মান ধুই অলপ গৰম পানীত তিয়াই থ‘লে ই অলপ কোমল লিকটিয়া হ‘ব। তাৰ পিছত তাক গাখীৰ গুৰৰ সৈতে খাব লাগে। পিঠাগুৰি আৰৈ চাউলৰ পৰা সাধাৰণতে এই জলপান তৈয়াৰ কৰিব পাৰি। প্ৰথমে চাউলখিনি কিছুসময় তিয়াই থ‘ব লাগে। তাৰ পিছত আকৌ কিছু সময় টুকি থৈ ঢেঁকী বা উৰালত খুন্দি মিহি চালনীৰে চালিব লাগে। তাৰ পিছত চাউলৰ গুৰিখিনি কেৰাহিত ভাজি বতাহ সোমাব নোৱাৰা পাত্ৰত ভালকৈ থৈ দিব লাগে। ইয়াকো গৰম গাখীৰ আৰু গুৰৰ লগতে দৈৰ লগতো পৰিবেশন কৰিব পাৰি। সান্দহ-গুড়ি বৰা বা চকোৱা চাউল পানীত আধা ঘণ্টামান তিয়াই থৈ খৰাহীত টুকি থ‘ব লাগে। ঢেঁকীৰ কাষতে চৌকা এটা পাতি চাউলখিনি ভাজি গৰমে গৰমে ঢেঁকীত খুন্দিব লাগে। গুৰি হ‘লে সাঁফৰ থকা টেমা এটাত ভৰাই থ‘ব লাগে। এনেদৰে উখোৱা চাউলৰ পৰাও সান্দহগুৰি তৈয়াৰ কৰিব পাৰি। ইয়াকো দৈ বা গৰম এঁৱা গাখীৰৰ সৈতে খোৱা হয়। চুঙা চাউলৰ জলপান চুঙাচাউল তৈয়াৰ কৰিবৰ বাবে বৰা চাউল অলপ কেইঘণ্টামান তিয়াই থোৱা হয় আৰু চাউলবোৰ কোমল হ‘লে কুমলীয়া কেঁচা বাঁহৰ চুঙাত সুমুৱাই শুকান কলপাতেৰে সোপামাৰি জুইৰ পকা আঙঠাত ভালদৰে পোৰা হয়। চুঙাবোৰ চেঁচা হ‘লে কাটি চাউলবোৰ উলিওৱা হয়। কুমলীয়া বাঁহৰ ৰসবোৰ ভাপ হৈ চাউলবোৰত সোমাই যোৱা বাবে মৃদু এটা গোন্ধ ওলাই থাকে। বনৌষধিযুক্ত ব্যঞ্জন ব‘হাগ বিহুত খোৱা এশ-এবিধ শাক অসমীয়া সমাজৰ বৈচিত্ৰময় পৰম্পৰাসমূহৰ ভিতৰত গৰুবিহুৰ দিনা ১০১ বিধ শাক একেলগে খোৱাও এক পৰম্পৰা। সেইদিনা ১০১ বিধ শাক-পাচলি মিহলাই খালে গোটেই বছৰটোৰ বাবে বেমাৰ-আজাৰৰ পৰা ৰক্ষা পাব পাৰি। আজিকালি সকলো শাক-পাচলি বিচাৰি নাপাই যদিও কিছুমান এতিয়াও পোৱা যায়। সেইবোৰ হৈছে- ১) অমিতাফুল ২) অমৰা ফুল ৩) অশোক ফুল ৪) আৰফুল ৫) আমৰ মল ৬) আনাৰসৰ কোঁহ ৭) আলুগুটিৰ পাত ৮) আদাপাত ৯) আগেজলা ১০) ওলকচুপাত ১১) ওলকবি পাত ১২) কঁঠালৰ মুচি ১৩) কেঁহেৰাজ শাক ১৪) কচুশাক ১৫) কুঁহিয়াৰ পাতৰ আগ ১৬) কুকুৰাঠেঙীয়া ১৭) কোৱাভাতুৰি ১৮) কেঞাবন ১৯) কাচিপকা ২০) কাঁছকল পাত ২১) কাঠ আলু পাত ২২) কৰ্দৈ পাত ২৩) কলমৌ শাক ২৪) কুহিলা পাত ২৫) কলপচলা ২৬) কোমোৰা পাত ২৭) কেৰেলা পাত ২৮) খুতৰা শাক ২৯) গাখীৰতী ৩০) গাজৰ পাত ৩১) গৰুখিচ ৩২) চুকাশাক ৩৩) চজিনা পাত ৩৪) চালকুঁৱৰী আগ ৩৫) চিৰতা পাত ৩৬) চয়াবিন পাত ৩৭) জিলমিল শাক ৩৮) জেতুলীপকা পাত ৩৯) জালুকপাত ৪০) জলকীয়া পাত ৪১) জবাফুল ৪২) জ্যেষ্ঠমধু পাত ৪৩) জৱেত্ৰী ৪৪) জাতিলাউ পাত ৪৫) জিকা পাত ৪৬) টিকনি বৰুৱা ৪৭) টুপুৰী লতা ৪৮) টেঙামৰা ৪৯) টেঙেচি টেঙা ৫০) তিতাফুল ৫১) তিল পাত ৫২) তুলসী ৫৩) তিঁয়হ পাত ৫৪) থেকেৰা পাত ৫৫) থেৰেজু পাত ৫৬) দাংবদি ৫৭) দোৰোণশাক ৫৮) সোণবৰীয়াল ৫৯) দুপৰটেঙা ৬০) ধুন্দুলি পাত ৬১) ধতুৰা ৬২) ধনিয়া ৬৩) ঢেকীয়াশাক ৬৪) নৰসিংহ ৬৫) নহৰু পাত ৬৬) নেফাফু ৬৭) নুনি পাত ৬৮) নিলাজী বন ৬৯) পিৰালি পালেং ৭০) পিঁয়াজপাত ৭১) পদিনা ৭২) পিৰালি কুঁৱৰী ৭৩) পটল পাত ৭৪) পালেং ৭৫) পুৰৈশাক ৭৬) পনৌনৌৱা ৭৭) পচতীয়া ৭৮) পিপলি ৭৯) ব্ৰাহ্মীশাক ৮০) বিলাহী পাত ৮১) বন্ধাকবি ৮২) বনজালুক ৮৩) বেতগাজ পাত ৮৪) বেঙেনা পাত ৮৫) বৰথেকেৰা পাত ৮৬) বিহলঙনি ৮৭) বকফুল ৮৮) বৰমানিমুনি ৮৯) বৰবৰীয়াল ৯০) বৃন্দাবন ৯১) বহমথুৰি ৯২) বিশল্যকৰণি ৯৩) ভেদাইলতা ৯৪) ভাঙৰ আগ ৯৫) ভৃঙ্গৰাজ ৯৬) ভেকুৰি তিতা ৯৭) ভেতফুল ৯৮) মাটিকাঁদুৰি ৯৯) সৰু মানিমুনি ১০০) মহানিম ১০১) মচন্দৰী ১০২) মানধনিয়া ১০২) মৰলীয়া পাত ১০৩) মৰিচা ১০৪) মেথিশাক ১০৫) মেটেকা ১০৬) মৰাপাট ১০৭) মধুৰী আম পাত ১০৮) মধুসোলেং ১০৯) মূলাশাক ১১০) ৰঙালাউ আগ ১১১) লফাশাক ১১২) লাইজাবৰী ১১৩) লাইশাক ১১৪) শেৱালি ফুল ১১৫) সৰিয়হ শাক ১১৬) শুকলতি ১১৭) হাতীখুতৰা ১১৮) হেলচী শাক ইত্যাদি। এই শাকবোৰৰ সকলোবোৰ পোৱা সম্ভৱ ন‘হলেও বহুতে ইয়াৰে সাতবিধ শাক আনি ব্যঞ্জন কৰি খায়। সেইবাবেই ইয়াক বহুতে সাতশাকী বুলিও কয়। কিছুমানৰ মতে ব‘হাগ বিহুৰ সাতদিনৰ দিনাহে এইবোৰ শাক খাব লাগে বাবে সাতশাকী বুলি কয়। লগতে পঢ়ক অসমৰ খাদ্য বিহু তথ্য সংগ্ৰহ আকলুৱা বহাগ -ড॰ বন্তি ফুকন সোণোৱাল বাহ্যিক সংযোগ বিহু অসমৰ
26562
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A7%8C%E0%A6%A8%20%E0%A6%93%E0%A6%81%E0%A6%A0%20%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%B0%20%E0%A6%B9%E0%A7%83%E0%A6%A6%E0%A6%AF%E0%A6%BC
মৌন ওঁঠ মুখৰ হৃদয়
মৌন ওঁঠ মুখৰ হৃদয় হৈছে য়েছে দৰজে ঠংচিৰ দ্বাৰা ৰচিত অৰুণাচলৰ পাহাৰীয়া জনজীৱনক প্ৰতিফলিত কৰা এখন অসমীয়া উপন্যাস। এই উপন্যাসৰ বাবেই তেখেতে ২০০৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। লগতে ভাষা-ভাৰতী সাহিত্য পুৰস্কাৰো লাভ কৰে। উপন্যাসখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় অসম সাহিত্য সভা অধিৱেশন, ২০০১ চনত। দশম সংস্কৰণ প্ৰকাশ পায় ছেপ্তেম্বৰ, ২০১৮ চনত। গ্ৰন্থাকাৰে প্ৰকাশ হৈ ওলোৱাৰ আগতেই উপন্যাসখন খণ্ড খণ্ডকৈ ১৯৯১ চনত প্ৰান্তিকত প্ৰকাশ পাইছিল। লেখকৰ পৰিচয় ১৯৫২ চনত অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ জীগাঁৱৰ এটি চেৰদুকপেন সম্প্ৰদায়ৰ পৰিয়ালত ঠংচিদেৱৰ জন্ম। তেখেতে জীগাঁও প্ৰাথমিক বিদ্যালয়, বোমডিলা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি কটন কলেজত পঢ়িবলৈ লয় আৰু কটন কলেজৰ পৰা অসমীয়াত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া ভাষাত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। তেওঁ ১৯৭৭ চনত অৰুণাচল প্ৰদেশ অসামৰিক সেৱাত যোগদান কৰে। ১৯৯২ চনত তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱালৈ পদোন্নতি লাভ কৰে। ১৯৯৩ চনৰ পৰা টাৱাং, নামনি সোৱণশিৰি, চাংলাং, লোহিত আৰু পূব কামেং জিলাৰ উপায়ুক্ত হিচাপে সেৱা আগবঢ়াই বৰ্তমান তেওঁ অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন আৰু সাংস্কৃতিক পৰিক্ৰমা, নগৰ উন্নয়ন, গৃহ নিৰ্মাণ আৰু পৰিকল্পনা আদি বিভাগৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে। চৰিত্ৰসমূহ উপন্যাসখন মূলতঃ পাহাৰ ভৈয়াম একত্ৰিত কৰিব খোজা এটা স্থায়ী পথৰ নিৰ্মাণৰ ওপৰত আধাৰিত। পথ নিৰ্মাণৰ দৰে কষ্টসাধ্য কাম এটা কৰাবলৈকে বিভিন্ন জাতি-জনজাতিৰ লোকসকলক একত্ৰিত কৰি একেলগে কাম কৰাওঁতে ভিন ভিন জনগোষ্ঠীৰ অলেখ চৰিত্ৰই ইয়াত ভূমুকি মাৰিছে। চেৰদুকপেন দলৰ মূল মানুহ ৰিনচিন নৰবু। তাৰ লগত আছে চিৰিং জাংমু, চৌকি বাংমু, দৈমা, ৱাংমু, ঙাৱাঙ, দৰজি, টাছি, নৰবু চিৰিং ঠংদোক, টাচি, টালো, টামো ইত্যাদি। নিচি দলৰ মূল মানুহ তাদাক নাতুং। তাৰ লগত আছে য়ামা, য়াদো, মাংফা, টাকাৰ, টেচি, টালো ইত্যাদি। তদুপৰি মহৰী বাবু দিলীপ শইকীয়া, চন অফিচাৰ সহদেৱ ঘোষ চাহাব, সহকাৰী অভিযন্তা মিষ্টাৰ ভূৰে লাল, ৰিনচিনৰ খুৰাক চেৱাং। কাহিনীৰ সাৰাংশ এয়া প্ৰায় পঞ্চাশ দশকৰ কথা। এতিয়াৰ অৰুণাচল প্ৰদেশখন তেতিয়া উত্তৰ-পূব সীমান্ত অঞ্চল নামেৰে জনাজাত আছিল। ইংৰাজীত চমুকৈ নেফা। ইংৰাজৰ শাসনকালত এই পৰ্বতীয়া এলেকাত প্ৰশাসনৰ ব্যৱস্থা কৰাত কোনো উল্লেখযোগ্য ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। স্বাধীনতাৰ পাছতহে ভাৰত চৰকাৰে এই পিছপৰি থকা অঞ্চলত প্ৰশাসনৰ ব্যৱস্থা কটকটীয়া কৰি তুলিবলৈ কাৰ্যপন্থা গ্ৰহণ কৰে। ফলত ইংৰাজ শাসন কালত স্থাপিত জিলা সদৰ ঠাইবিলাক বৰ্তমানৰ অসমৰ পৰা তুলি নি ব'মডিলা, জিৰো, তেজু আৰু খুনচাত স্থাপিত কৰা হয়। কিন্তু তেতিয়াৰ নেফালৈ বাহিৰৰ পৰা বনুৱা নিবলৈ টান। গতিকে সেই কামত নিয়োগ কৰা তাৰেই স্থায়ী বাসিন্দাসকলক। কামেং সীমান্ত বিভাগৰ সদৰ ঠাই বোমডিলাক সংলগ্ন কৰিবৰ বাবে কাম আৰম্ভ হ’ল মিছামাৰিৰ পৰা। ঊনৈশ শ আঠষষ্ঠি চনত চাকু নামৰ ঠাইলৈকে আলিবাট নিৰ্মাণ সম্পূৰ্ণ হৈ গ’ল। চাকুৰ পৰা বোমডিলালৈক এইছোৱা বাট নিৰ্মাণৰ কামো কাল অহাৰ লগে লগে পুনৰ আৰম্ভ কৰা হ’ল। তাৰে এটা অতি কঠিন অংশৰ বাট নিৰ্মাণ কৰিবলৈকে একেঠাইত গোট খাইছিল চেৰদুকপেন, নিচি, মনপা আদি জনজাতিৰ লোকসকল। আদিতে ইটো জাতিয়ে সিটো জাতিৰ প্ৰতি এক শংকা এক কণ্ঠা পুহি ৰাখিছিল। কোনোবাখিনিত তেওঁলোকৰ পৰস্পৰৰ মনত অজানিতে অলপ ঘৃণাও আছিল। কিন্তু কামৰ তাগিদাত আৰু সময়ৰ প্ৰৰোচনাত যেতিয়া ইটো জাতিৰ মানুহে সিটো জাতিৰ মানুহৰ লগত মিলামিচা আৰম্ভ কৰিলে তেতিয়া তেওঁলোকে অতদিনে পৰস্পৰে পৰস্পৰলৈ পুহি ৰখা ভুল ধাৰণাসমূহৰ পৰা মুক্ত হবলৈ ধৰিলে। জীৱনৰ সহজ দাবীৰ পৰিপ্ৰেক্ষিততে চেৰদুকপেন দলৰ চৰ্দাৰ ৰিনচিন আৰু নিচি দলৰ গাভৰু য়ামাৰ মনৰ মিল হয়। কিন্তু নিচি দলৰ নীতি-নিয়ম মতে য়ামাক বিয়া কৰিবৰ বাবে ইতিমধ্যে দৰাৰ ঘৰৰ পৰা কন্যাৰ দাম লোৱা হৈছে। আৰু ৰাস্তা বনোৱাৰ কাম শেষ হ’লেই ঘূৰি গৈ য়ামাই দৰাৰ ঘৰলৈ যাব লাগিব। আনহাতে ৰিনচিন হ’ল চেৰদুকপেন সম্প্ৰদায়ৰ। কোনো কাৰণতে পুৰণিকলীয়া নিয়ম ভাঙি য়ামাক ৰিনচিনলৈ দিব নোৱাৰি। প্ৰেমৰ দাবীৰ বশৱৰ্তী হৈ ৰিনচিন আৰু য়ামাই দেহে মনে ইজনে সিজনক গ্ৰহণ কৰিলেও সমাজক প্ৰত্যাহ্বান জনোৱাৰ সাহস নাই য়ামাৰ ককায়েক তাদাকৰ। শেষত য়ামাই ৰিনচিনলৈ পলাই যোৱাৰ সিদ্ধান্ত লোৱাত তাদাকৰ পৰামৰ্শমতেই জোৰ কৰি য়ামাক দৰা ঘৰলৈ লৈ যোৱা হয়। উপন্যাসখনত এটা সৰল প্ৰেম কাহিনীয়ে পোখা মেলিলেও তাৰে আলমত সৰল প্ৰাকৃতিক বৰ্ণনা, পাহাৰীয়া মানুহৰ নিভাঁজ আচৰণ আৰু পাহাৰীয়া জনজাতীয় মানুহৰ প্ৰকৃতিসুলভ মনৰ কোমলতা আৰু সৰলতাৰ সৈতে কঠিন বাস্তৱৰ সংঘাতৰ বৰ্ণনাই পাঠকৰ মনত গভীৰ ৰেখাপাত কৰে। ঘটনা-বৈচিত্ৰ্যৰ মাজেদি ভাৱৰ ঐক্যকেন্দ্ৰিকতা ৰক্ষাৰ দিশত য়েছে দৰজে ঠংচি ডাঙৰীয়া সচেতন আৰু সফল। তথ্য সংগ্ৰহ অসমীয়া গ্ৰন্থ অসমীয়া উপন্যাস সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত অসমীয়া
72731
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A6%BE%E0%A6%AE%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A3%E0%A7%B0%20%E0%A6%AA%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A7%B0
ৰামায়ণৰ পাত্ৰ
প্ৰাচীন ভাৰতৰ দুখন প্ৰধান সংস্কৃত মহাকাব্যৰ ভিতৰত এখন হৈছে ৰামায়ণ। ইয়াক বাল্মীকি ৰচনা কৰিছিল। এইখন মহাকাব্যত দেখা পোৱা গুৰুত্বপূৰ্ণ চৰিত্ৰবোৰ হ’ল- অ/ঔ অগস্ত্য অগস্ত্য হৈছে প্ৰাচীন ভাৰতৰ এগৰাকী ঋষি। ভাৰতীয় সংস্কৃতিৰ মতে তেওঁ এজন প্ৰখ্যাত আৰু প্ৰভাৱশালী বহু ভাষাৰ জ্ঞান থকা বিদগ্ধ পণ্ডিত। অগস্ত্য আৰু তেওঁৰ সহধৰ্মিণী লোপামুদ্ৰাই সংস্কৃত ভাষাত ঋকবেদৰ শ্লোক ১.১৬৫ ৰ পৰা ১.১৯১ আৰু অন্যান্য বৈদিক সাহিত্যৰ ৰচনা কৰিছিল। অঞ্জনা অঞ্জনা হৈছে ৰামায়ণৰ নায়কসমূহৰ অন্যতম হনুমানৰ মাতৃ। তেওঁক অঞ্জনী বা অঞ্জলী নামেৰেও জনা যায়। তেওঁ আছিল এগৰাকী অপ্সৰা আৰু কপিকুলৰ এজন মুখিয়াল কেশৰীৰ সহধৰ্মিণী। তেওঁক ভাৰতৰ কোনো কোনো অঞ্চলত পৰিয়ালৰ দেৱী হিচাপে পূজা কৰা হয়। অক্ষয়কুমাৰ অক্ষয়কুমাৰ বা অক্ষকুমাৰ ৰাৱণৰ কনিষ্ঠ পুত্ৰ তথা মেঘনাদৰ ভাতৃ আছিল। তেওঁক অক্ষয় বা অক্ষ নামেৰেও জনা যায়৷ ৰামায়ণত হনুমানে সীতাৰ সৈতে বাৰ্তালাপ কৰাৰ পিছত যেতিয়া অশোক বন ধ্বংস কৰিবলৈ আৰম্ভ কৰে তেতিয়া ৰাৱণে অশোকবন ৰক্ষাৰ্থে অক্ষয়কুমাৰক ৰাক্ষস সেনাৰ মুৰব্বী হিচাপে তালৈ পঠিয়াইছিল। মাত্ৰ ষোল্ল বছৰ বয়সতে তেওঁৰ দেউতাক ৰাৱণৰ আদেশ মৰ্মে তেওঁ ৰথত উঠি যুদ্ধলৈ যায়। তেওঁ হনুমানক লক্ষ্যভেদ কৰি বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰে যুদ্ধ কৰিছিল। হনুমানে যুৱ ৰাজকুমাৰৰ বীৰত্ব আৰু দক্ষতাৰ প্ৰতি আকৃষ্ট হ’লেও শেষত হনুমানে তেওঁক হত্যা কৰিছিল। অঙ্গদ অংগদ বা অঙ্গদ অংগ দাতা) হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত এটা বান্দৰ চৰিত্ৰ, যিয়ে ৰামক তেওঁৰ পত্নী সীতাক বিচাৰি উলিওৱাত আৰু তেওঁৰ হৰণকাৰী ৰাৱণৰ সৈতে যুঁজ দিয়াত সহায় কৰিছিল। পিছত তেওঁ কিষ্কিন্ধা ৰ ৰজা হিচাপে মুকুট পৰিধান কৰে। অতিকায় অতিকায় মহাকাব্য ৰামায়ণৰ এজন দৈত্য চৰিত্ৰ। ৰামায়ণ মহাকাব্যত আতিকায় ৰাৱণ আৰু তেওঁৰ পত্নী মন্দোদৰীৰ পুত্ৰ বুলি উল্লেখ আছে। অৱশ্যে মহাকাব্যখনৰ কিছুমান সংস্কৰণত তেওঁক ৰাৱণৰ দ্বিতীয় পত্নী ধন্যমালিনীৰ পুত্ৰ বুলি উল্লেখ কৰা হৈছে। আতিকয়া মেঘানাদৰ সৰু ভায়েক আছিল আৰু অত্যন্ত শক্তিশালী আছিল। ইন্দ্ৰজিৎ ইন্দ্ৰজিৎ বা মেঘনাদ হৈছে লংকাৰ ৰাজকুমাৰ আৰু ইন্দ্ৰৰ নগৰী অৰ্থাৎ ইন্দ্ৰলোকৰ বিজেতা। পৌৰাণিক হিন্দু সাহিত্যসমূহত তেওঁক মহানতম যোদ্ধাসমূহৰ এজন বুলি স্বীকৃতি দিয়া হৈছে। ৰামায়ণত ইন্দ্ৰজিতৰ উল্লেখ তথা বৰ্ণনা পোৱা যায়। ৰাম আৰু ৰাৱণৰ যুদ্ধত ইন্দ্ৰজিতে সক্ৰিয় আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। গুৰু শুক্ৰাচাৰ্যৰ পৰা তেওঁ বিভিন্ম দৈৱিক অস্ত্ৰ-শস্ত্ৰ লাভ কৰিছিল। তেওঁ স্বৰ্গৰ দেৱতাসকলকো পৰাজিত কৰিছিল। ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰি তেওঁ একেদিনাই ৬৭০ নিযুত বানৰ সেনাক নিধন কৰি বানৰ জাতিক প্ৰায় নিঃশেষ কৰাৰ উপক্ৰম কৰিছিল। ৰামায়ণৰ বৰ্ণনা অনুসৰি পৃথিৱীৰ কোনো যোদ্ধাই এই সংখ্যা স্পৰ্শ কৰিব পৰা নাছিল। উৰ্মিলা উৰ্মিলা হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰামৰ সৰু ভায়েক লক্ষ্মণৰ পত্নী। ক/ঙ কুশধ্বজ ৰজা কুশধ্বজ( তেওঁ কুশদ্ভোজন নামেও পৰিচিত), অছিল ৰজা জনকৰ অনুজ ভাতৃ। কুশধ্বজৰ দুগৰাকী কন্যাসন্তান আছিল ক্ৰমে মাণ্ডৱী আৰু শ্ৰুতকীৰ্তি। তেওঁলোক দুগৰাকীৰ যথাক্ৰমে অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ আৰু ৰামৰ অনুজ ভৰত আৰু শত্ৰুঘ্নৰে বিবাহ সম্পন্ন হয়। কবন্ধ কবন্ধ এগৰাকী ৰাক্ষস আছিল৷ তেওঁক শ্ৰীৰামে হত্যা কৰি অভিশাপৰ পৰা মুক্ত কৰিছিল৷ কৈকেষী কৈকেষী বা কৈকসী বা আছিল ঋষি বিশ্ৰবাৰ পত্নী আৰু ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু শূৰ্পনখাৰ মাতৃ। তেওঁ ৰাক্ষক ৰজা সুমালীৰ কন্যা আছিল৷ কেৱট কেৱট হিন্দু মহাকাব্য ৰামায়ণৰ এটি চৰিত্ৰ৷ বনবাসৰ সময়ত তেৱেঁ ৰাম, সীতা আৰু লক্ষ্মণক নাৱত তুলি লৈ গংগা নদী পাৰ কৰাই দিছিল৷ এই কাহিনীটো ৰামায়ণৰ অযোধ্যা কাণ্ডত বৰ্ণিত আছে৷ কুম্ভকৰ্ণ কুম্ভকৰ্ণ হৈছে বিখ্যাত হিন্দু মহাকাব্য ৰামায়ণৰ এজন প্ৰখ্যাত ৰাক্ষস আৰু ৰাৱণৰ এজন কনিষ্ঠ ভ্ৰাতৃ। বিশালাকায় শৰীৰ আৰু অসাধাৰণ ক্ষুধাৰ গৰাকী কুম্ভকৰ্ণক প্ৰাচীন হিন্দু পুৰাণত এজন সৎ চৰিত্ৰৰ ব্যক্তি আৰু মহান যোদ্ধা বুলি বৰ্ণনা কৰা হৈছে। ৰামায়ণৰ যুদ্ধৰ সময়ত কেৱল নিজৰ শক্তি দেখুৱাবলৈকে তেওঁ বহুতো বান্দৰ হত্যা আৰু ভক্ষণ কৰিছিল। তেওঁক ধাৰ্মিক আৰু বুদ্ধিমান বুলি গণ্য কৰা হৈছিল। তেওঁ এজন অতুলনীয় যোদ্ধাও আছিল কিয়নো দেৱৰাজ ইন্দ্ৰৰ সৈতে হোৱা যুদ্ধত কুম্ভকৰ্ণৰেই জয় হৈছিল। কুশ কুশ আৰু তেওঁৰ যমজ ভাতৃ লৱ, ৰাম আৰু সীতাৰ সন্তান আছিল। তেওঁলোকৰ কাহিনী হিন্দু মহাকাব্য, ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণত বৰ্ণনা কৰা হৈছে। কোৱা হয় যে তেওঁলোকৰ মাতৃৰ দৰে লৱ বগা-সোণালী বৰণৰ আছিল, আনহাতে কুশ তেওঁলোকৰ দেউতাকৰ দৰে ক'লা বৰণৰ আছিল। গংগা দেৱী গঙ্গা বা গংগা (সংস্কৃত: থাই: গঙ্গা নদীৰ মূৰ্তিস্বৰূপ এক হিন্দু দেৱী। হিন্দুধৰ্মত এই দেৱী বিশেষ গুৰুত্বপূৰ্ণ স্থানৰ অধিকাৰিণী। হিন্দুসকলে বিশ্বাস কৰে যে গঙ্গাত স্নান কৰিলে সমস্ত পাপ খণ্ডন হয় আৰু জীৱই মুক্তিলাভ কৰে। অনেকে আত্মীয়স্বজনৰ দেহাৱশেষ বহু দূৰদূৰণিৰ পৰা কঢ়িয়াই আনি গঙ্গাত বিসৰ্জন দিয়ে; তেওঁলোকে ধৰি লয় যে, ইয়াৰ ফলত মৃত ব্যক্তিৰ আত্মাই স্বৰ্গলৈ গমন কৰে। গঙ্গাৰ তীৰবৰ্তী বহু স্থান হিন্দু বিশ্বাস অনুযায়ী পবিত্ৰ। ইয়াৰ মাজত আছে হৰিদ্বাৰ, এলাহাবাদ, বাৰাণসী, নবদ্বীপ, গঙ্গাসাগৰ প্ৰভৃতি। থাইলেণ্ডৰ লয় ক্ৰাথং উৎসৱত পুণ্যাৰ্থীসকলে নদীত বন্তিযুক্ত সৰু সৰু নৌকা উটুৱাই বুদ্ধ আৰু গঙ্গা দেৱীক শ্ৰদ্ধা জনায়। চ/ঞ জাম্বৱন্ত জাম্বৱন বা জাম্বৱন্ত হৈছে মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ, সেই অনুসৰি তেওঁ ভালুকৰ ঐশ্বৰিক ৰজা, যাক ব্ৰহ্মা দেৱতাই লংকাৰ ৰজা ৰাৱণৰ বিৰুদ্ধে তেওঁৰ হোৱা সংগ্ৰামত ৰামক সহায় কৰিবলৈ সৃষ্টি কৰিছিল। জাম্বৱন্ত ভাৰতীয় মহাকাব্য পৰম্পৰাত এবিধ এছিয়ান ক'লা ভালুক বা শ্লথ ভালুক, অৱশ্যে আন কিছু শাস্ত্ৰত তেওঁক বান্দৰ বুলিও বৰ্ণনা কৰা হৈছে। জনক জনক প্ৰাচীন ভাৰতৰ মিথিলা অঞ্চলত অৱস্থিত বিদেহ ৰাজ্যৰ ৰজা আছিল। তেওঁৰ শাসনকাল আনুমানিক ভাৱে খীষ্ট্ৰপূৰ্ব অষ্টম অথবা সপ্তম শতিকাত আছিল বুলি ঠাৱৰ কৰা হৈছে। বিদেহ ৰাজ্যৰ অধিপতিসকলক জনক নামেৰে জনা গৈছিল। অৰ্থাৎ জনক বিদেহ ৰাজ্যৰ অধীশ্বৰসকলৰ কৌলিক খিতাপ। জনক নামৰ এক বা একাধিক ৰজাৰ উল্লেখ ৰামায়ণ, মহাভাৰত, উপনিষদ আৰু পুৰাণত পোৱা যায়। জটায়ু জটায়ু হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত শগুণ বা ঈগলৰূপী এক অৰ্ধদেৱতা। তেওঁ অৰুণ আৰু শ্যেনীৰ কনিষ্ঠ সন্তান আৰু সম্পাতিৰ ভ্ৰাতৃ। জটায়ু ৰামৰ পিতৃ দশৰথৰ পুৰণি বন্ধু। ত/ন তাৰা তাৰা (আক্ষৰিক অৰ্থত তৰা) হৈছে ৰামায়ণত বৰ্ণিত কিষ্কিন্ধাৰ ৰাণী আৰু বানৰৰাজ বালিৰ সহধৰ্মিণী। বালিৰ মৃত্যুৰ পিছত তাৰা সুগ্ৰীৱৰ সৈতে বিবাহত বহে। তাড়কা তাড়কা বা তাতকা মহাকাব্য ৰামায়ণৰ এক ৰাক্ষসী চৰিত্ৰ। তেওঁৰ সন্তান মাৰিচ আৰু সুবাহুৰ সৈতে তেওঁ অৰণ্যত যজ্ঞ কৰা ঋষিক হাৰাশাস্তি আৰু আক্ৰমণ কৰিছিল। অৱশেষত তেওঁলোকক মহৰ্ষি বিশ্বমিত্ৰৰ নিৰ্দেশত ৰাম আৰু লক্ষ্মণে হত্যা কৰিছিল। টা ত্ৰিজঁটা হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এগৰাকী ৰক্ষী যাক লংকাৰ অধিপতি ৰাৱণে অপহৰণ কৰা সীতাক ৰক্ষা কৰাৰ দায়িত্ব দিয়া হৈছে। ৰামায়ণৰ পৰৱৰ্তী অভিযোজনত ত্ৰিজঁটাক ৰাৱণৰ ভ্ৰাতৃ বিভীষণৰ কন্যা বুলি বৰ্ণনা কৰা হৈছে। ত্ৰিশিৰা ত্ৰিশিৰা যাৰ তিনিটা মূৰ আছে।) এজন দৈত্য (ৰাক্ষস) আছিল, আৰু তেওঁৰ প্ৰসংগ ৰামায়ণত উল্লেখ পোৱা যায়। তেওঁ ৰাৱণৰ ছয়জন পুত্ৰৰ ভিতৰত এজন আছিল। তেওঁৰ আন ভাতৃসকল আছিল মেঘনাদ অতিকায়, অক্ষয়কুমাৰ, নৰান্তক আৰু দেৱান্তক। দশৰথ দশৰথ হৈছে ৰামায়ণ আৰু বিষ্ণু পুৰাণত বৰ্ণিত কোশল দেশৰ ৰজা আৰু ৰামৰ পিতৃ। তেওঁৰ ৰাজধানীৰ নাম অযোধ্যা। তেওঁ আছিল ৰজা অজ আৰু ৰাণী ইন্দুমতীৰ পুত্ৰ। তেওঁৰ তিনিগৰাকী ভাৰ্যা আছিল। তেওঁলোক হৈছে কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা। তেওঁলোকৰ গৰ্ভত দশৰথৰ ঔৰষত ৰাম, ভৰত, লক্ষ্মণ আৰু শত্ৰুঘ্নৰ জন্ম হয়। দেৱান্তক দেৱান্তক ৰাৱণৰ পুত্ৰ আছিল৷ তেওঁক হনুমানে বধ কৰিছিল৷ ধন্যমালিনী হিন্দু শাস্ত্ৰত ধন্যমালিনী ৰাৱণৰ দ্বিতীয়গৰাকী পত্নী আছিল। তেওঁ এগৰাকী নম্ৰ আৰু যত্নশীল মহিলা আছিল। তেওঁৰ প্ৰকৃত পৰিচয় অজ্ঞাত যদিও কিছুমান কাহিনীয়ে তেওঁক মায়াসুৰৰ জীয়ৰী আৰু মন্দোদৰীৰ ভগ্নী বুলি উল্লেখ কৰে। ধন্যমালিনী আৰু ৰাৱণৰ পুত্ৰ চাৰিগৰাকী; নৰান্তক-দেৱান্তক আৰু ত্ৰিশিৰা। নল নল (),হিন্দু মহাকাব্য ৰামায়ণৰ এক বানৰ চৰিত্ৰ। সেই অনুসাৰে তেওঁ আছিল দেৱশিল্পী বিশ্বকৰ্মাৰ পুত্ৰ, যাৰ নামৰ আক্ষৰিক অৰ্থ শ্বেতপদ্ম বা বগা পদুম ফুল। বিশ্বকৰ্মাৰ পুত্ৰ হিচাপে তেওঁ আছিল বানৰৰূপী। তেওঁ ৰামায়ণৰ মুখ্য চৰিত্ৰ ৰামৰ লংকা গমনৰ সুবিধাৰ হেতু সমুদ্ৰৰ ওপৰত নিৰ্মিত ভাৰতৰ দক্ষিণ দিশে অৱস্থিত ৰামেশ্বৰমৰ পৰা লঙ্কাৰ বৰ্তমানৰ শ্ৰীলঙ্কা ৰাষ্ট্ৰ) মান্নাৰ অবধি বিস্তৃত বিশাল এক সেতু নিৰ্মাণৰ অন্যতম পৰিকল্পক আছিল। এই সেতু খনক নল সেতু বুলিও জনা যায়। একাধিক সংস্কৰণভেদে এই ৰামসেতু নিৰ্মাণত ৰামৰ বানৰ সেনাৰ মাজত এক প্ৰযৌক্তিক বানৰ তথা নলৰ ভ্ৰাতা নীলৰ নামো উল্লেখ পোৱা যায়। নলক বানৰ সকলৰ স্থাপত্যশিল্পী হিচাপে উল্লেখ কৰা হয়। ৰামায়ণৰ লংকাকাণ্ডত নল আৰু নীল উভয়কেই ৰামৰ পক্ষে লঙ্কাৰ ৰজা ৰাৱণৰ বিৰুদ্ধে যুদ্ধ কৰা বুলি উল্লেখ আছে। নৰান্তক নৰান্তক ৰাৱণৰ পুত্ৰ আছিল৷ তেওঁক অংগদে বধ কৰিছিল৷ নীল নীল হৈছে হিন্দু মহাকাব্য ৰামায়ণ ৰ এক বান্দৰ চৰিত্ৰ। সেই অনুসাৰে নীল আছিল দেৱতা অগ্নিৰ পুত্ৰ, যাৰ নামৰ আক্ষৰিক অৰ্থ নীলা বৰণ। মহাকাব্য ৰামায়ণত স্পষ্ট উল্লেখ পোৱা যায় যে বিষ্ণুৰ অৱতাৰ, অযোধ্যাৰ ৰজা দশৰথৰ জ্যেষ্ঠ পুত্ৰ ৰাম পিতৃবাক্য পালনাৰ্থে বনবাসলৈ যোৱাত বনতেই তেওঁৰ স্ত্ৰী সীতাক লংকাৰ ৰাক্ষস ৰজা ৰাৱণে অপহৰণ কৰে। সীতাৰ অনুসন্ধানকালত বানৰৰাজ সুগ্ৰীৱৰ সৈতে তেওঁৰ মিত্ৰতা হয় আৰু তেওঁ বানৰসকলৰ সহায়ত বানৰসেনা তৈয়াৰ কৰে। নীল আছিল এই বানৰদলৰ গোষ্ঠীপ্ৰধান। তেওঁ অছিল কিষ্কিন্ধ্যাৰ বানৰৰাজ সুগ্ৰীৱৰ বানৰসেনাৰ অধিনায়ক। ৰাম ৰাৱণৰ যুদ্ধত ৰামৰ পক্ষে বানৰসেনাৰ সেনাধ্যক্ষৰ দায়িত্ব লয় আৰু লঙ্কাৰ ৰজা ৰাৱণৰ পক্ষে যুদ্ধত অংশ লোৱা একাধিক ৰাক্ষসক নিধন কৰে। প/ম পৰশুৰাম পৰশুৰাম হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ। তেওঁক ৰাম জমদগ্ন্য, ৰাম ভাৰ্গৱ বা বীৰৰাম নামেৰেও জনা যায়। তেওঁক কলি যুগৰ অন্তত বিষ্ণুৰ দশম অৱতাৰ অৰ্থাৎ কল্কিৰ গুৰুৰূপে আৱিৰ্ভাৱ ঘটিব লগা চিৰঞ্জীৱিসকলৰ এজন বুলি ধৰা হয়। তেওঁৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ ভিতৰত আগ্ৰাসী ভাব, ৰণনিপুণতা, বীৰত্ব, নিৰ্মলতা, জ্ঞান আৰু ধৈৰ্য অন্যতম। প্ৰহস্ত হিন্দু মহাকাব্য ৰামায়ণ অনুসৰি প্ৰহস্ত আছিল লংকাৰ ৰজা ৰাৱণৰ সেনাৰ মুখ্য কমাণ্ডাৰ তথা এগৰাকী শক্তিশালী ৰাক্ষস যোদ্ধা। তেওঁ সুমালী আৰু কেতুমতীৰ পুত্ৰ আছিল। পৰজনমত তেওঁ মহাভাৰতৰ দুৰ্যোধনৰ বিশ্বস্ত সহযোগী পুৰোচন নামেৰে জন্মলাভ কৰে, যিয়ে পৰৱৰ্তী সময়ত দুৰ্যোধন আৰু তেওঁৰ দুষ্ট পৰামৰ্শদাতা শকুনিৰ আদেশত লক্ষগ্ৰাহ সৃষ্টি কৰিছিল। পুলস্ত্য পৌৰাণিক হিন্দু কাহিনী অনুসৰি পুলস্ত্য আছিল ব্ৰহ্মাৰ দশ মানস পুত্ৰ তথা দশ প্ৰজাপতিৰ এজন আৰু তেওঁ আছিল এজন সপ্তৰ্ষিৰ (সাতজন মহা ঋষি) প্ৰথম মানৱতাৰ। মহাভাৰতৰ অনুসৰি, ৰাক্ষসকুল আৰু কিন্নৰকুল উভয়ে আছিল মুনি পুলস্ত্যৰ সন্তান। বালি বালি হিন্দু মহাকাব্য ৰামায়ণত কিষ্কিন্ধাৰ ৰজা আছিল। তেওঁ সুগ্ৰীৱৰ জ্যেষ্ঠ ভাতৃ আৰু অংগদৰ পিতৃ, বৃক্ষৰাজৰ জৈৱিক পুত্ৰ তাৰাৰ স্বামী আছিল। তেওঁক বিষ্ণুৰ অৱতাৰ ৰামৰ দ্বাৰা হত্যা কৰা হৈছিল। ত্ৰেতা যুগৰ সময়ত বালি অজেয় আছিল। বালিয়ে ৰাৱণৰ দৰে কেইজনমান মহান যোদ্ধাক পৰাজিত কৰিছিল। বাল্মীকি বাল্মীকি সংস্কৃত ভাষাৰ এজন বৰেণ্য কবি, আৰু ৰামায়ণ মহাকাব্যৰ ৰচয়িতা। ৰামায়ণ খ্ৰীষ্টপূৰ্ব পাঁচৰ পৰা এক শতিকাৰ সময়চোৱাত লিখা হৈছিল। ৰামায়ণৰ পাততে বাল্মীকিৰ নাম উল্লেখ থকা পোৱা যায়। তেওঁক আদিকবি বুলিও জনা যায়। বিভীষণ বিভীষণ হৈছে ৰামায়ণত বৰ্ণিত লংকাৰ অধিপতি ৰাৱণৰ কনিষ্ঠ ভ্ৰাতৃ। নিজে ৰাক্ষস হোৱা স্বত্বেও বিভীষণে ৰাৱণক পৰিত্যাগ কৰি ৰামৰ পক্ষ লৈছিল। ৰাৱণ বধৰ পিছত ৰামে বিভীষণক লংকাৰ ৰজা পাতে। বিশ্ৰবা ঋষি বিশ্ৰবা হ’ল ব্ৰহ্মাৰ পুত্ৰ ঋষি পুলস্ত্য (সংস্কৃত )ৰ পুত্ৰ আৰু অগস্ত্য মুনিৰ ভাই।হিন্দু ধৰ্মগ্ৰন্থ ৰামায়ণত উল্লিখিত ঋষি বিশ্ৰবা আছিল মুনিসকলৰ মাজৰ অতি গুৰুত্বপূৰ্ণ ঋষি। তেওঁ তপস্যাৰ বলত বিশেষ ক্ষমতাৰ অধিকাৰী হৈছিল। ভৰদ্বাজ মুনি ঋষি বিশ্ৰবাৰ প্ৰতি আকৃষ্ট হৈ স্ত্ৰী স্বৰূপ নিজ কন্যা দেৱবৰ্ণিনীক অৰ্পণ কৰিছিল। দেৱবৰ্ণিনীৰ ঔৰসত কুবেৰৰ জন্ম হয়। কুবেৰ আছিল স্বৰ্ণলংকাৰ (লংকা) প্ৰকৃত ৰজা তথা ধন ঐশ্বৰ্যৰ ৰজা। ভৰত ভৰত হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত এক চৰিত্ৰ। তেওঁ ৰামৰ সতীয়া ভ্ৰাতৃ আৰু দশৰথ তথা কৈকেয়ীৰ পুত্ৰ। মাল্যবান মাল্যবান লংকাৰ সম্ৰাট ৰাৱণৰ মুখ্য ৰাজকীয় উপদেষ্টা আছিল। মাল্যবান লংকাৰ বৌদ্ধিক আৰু ৰাজকীয় বৃত্তৰ ভিতৰত এক সন্মানীয় ব্যক্তি আছিল। তেওঁ আছিল সুকেশৰ পুত্ৰ আৰু সুমালী আৰু মালীৰ ভাই তথা ৰাৱণৰ ককা৷ মাণ্ডৱী মাণ্ডৱী হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰজা কুশধ্বজ আৰু ৰাণী চন্দ্ৰভাগাৰ কন্যা তথা ৰামৰ ভায়েক ভৰতৰ পত্নী আছিল। মাণ্ডৱী আছিল সংকস্য (বৰ্তমানৰ সপ্তৰী জিলাৰ ৰাজবিৰাজ অঞ্চল)ৰ ৰাজকুমাৰী আৰু ৰজা কুশধ্বজৰ জীয়েক। তেওঁ মহালক্ষ্মীৰ ফুলৰ অৱতাৰ আছিল। মাণ্ডৱীৰ শ্ৰুতকীৰ্তি নামৰ এগৰাকী সৰু ভগ্নী আছিল। মন্দোদৰী মন্দোদৰী (আক্ষৰিক অৰ্থত সুকোমল উদৰৰ গৰাকী) হৈছে লংকাৰ অধিপতি ৰাৱণৰ সহধৰ্মিণী। ৰামায়ণৰ বৰ্ণনা অনুসৰি মন্দোদৰী আছিল অতীৱ সুন্দৰী, নিৰ্মল আৰু ধাৰ্মিক প্ৰকৃতিৰ। হিন্দু ধৰ্ম অনুসৰি তেওঁ পঞ্চকন্যাৰ অন্যতম। পঞ্চকন্যাৰ নাম ল'লে পাপ খণ্ডন হয় বুলি বিশ্বাস কৰা হয়। মায়াসুৰ মায়াসুৰ বা ময়াসুৰ হিন্দু শাস্ত্ৰত বৰ্ণিত অসুৰ, দেৱতা আৰু ৰাক্ষস জাতিৰ এজন মহান প্ৰাচীন ৰজা আছিল। মায়া তেওঁৰ উজ্জ্বল স্থাপত্যৰ বাবে জনাজাত আছিল। মহাভাৰতত বৰ্ণিত মায়াসভা বা ভ্ৰমৰ কক্ষ তেওঁৰ নামেৰে নামকৰণ কৰা হৈছিল। মন্থৰা মন্থৰা ৰামায়ণৰ এক চৰিত্ৰ। তেওঁ অযোধ্যাৰ ৰজা দশৰথৰ দ্বিতীয় পত্নী ৰাণী কৈকেয়ীৰ দাসী আছিল। তেওঁ দেখাত কুঁজা আছিল। তেওঁ ৰাণী কৈকেয়ীক সন্মত কৰিছিল যে মহাৰাজৰ সিংহাসন তেওঁৰ পুত্ৰ ভৰত হে আচল উত্তৰাধিকাৰী আৰু তেওঁৰ সতীয়া পুত্ৰ ৰাজকুমাৰ ৰামক ৰাজ্যৰ পৰা নিৰ্বাসিত কৰা উচিত। য/ৱ ৰাম ৰাম বা ৰামা বা ৰামচন্দ্ৰ হ'ল হিন্দু দেৱতা বিষ্ণুৰ সপ্তম অৱতাৰ। হিন্দু ধৰ্মগ্ৰন্থবোৰত তেওঁক অযোধ্যাৰ ৰজা বুলি উল্লেখ আছে। সপ্তম অৱতাৰ ৰাম আৰু অষ্টম অৱতাৰ কৃষ্ণ হ'ল বিষ্ণুৰ অৱতাৰবোৰৰ ভিতৰত সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ। হিন্দু ধৰ্মত তেওঁ এজন জনপ্ৰিয় দেৱতা। ভাৰত আৰু নেপাল দেশত তেওঁৰ পূজাৰ বহুল প্ৰচলন দেখা যায়। হিন্দু ধৰ্মৰ ৰাম উপাসনা-কেন্দ্ৰিক সম্প্ৰদায়বোৰত ৰামক বিষ্ণুৰ অৱতাৰ নামানি সৰ্বোচ্চ ঈশ্বৰ হিচাপে মান্য কৰাৰ প্ৰৱণতা দেখা যায়। ৰামে সূৰ্যবংশত (ইক্ষ্বাকু বংশ বা পৰৱৰ্তীকালত উক্ত বংশৰ ৰজা ৰঘুৰ নামানুসাৰে ৰঘুবংশ নামে পৰিচিত) জন্মগ্ৰহণ কৰিছিল। ৰামৰ এটি বিশেষ মূৰ্তিত তেওঁৰ ওচৰত তেওঁৰ ভাতৃ লক্ষ্মণ, স্ত্ৰী সীতা আৰু ভক্ত হনুমানক দেখা যায়। এই মূৰ্তিকে বোলা হয় "ৰাম পৰিবাৰ"। হিন্দু মন্দিৰত এই "ৰাম পৰিবাৰ" মূৰ্তিৰ পূজাই বেছিকৈ হোৱা দেখা যায়। ৰাৱণ ৰাৱণ হৈছে তুলসীদাস ৰচিত ৰামচৰিত মানস, মহাকবি বাল্মিকীৰ ৰামায়ণ, ৰামায়ণৰ সমস্ত সংস্কৰণ, বিষ্ণু পুৰাণ, হিন্দু মহাকাব্যসমূহত বৰ্ণনা কৰা লংকা (বৰ্তমানৰ শ্ৰীলংকা)-ৰ ৰজা। তেওঁৰ দহটা মূৰ থকাৰ কাৰণে তেওঁক দহ মুখীয়া ৰাৱণ বা দশানন (দশ=দহ, আনন=মুখ; দশানন বি. (সং.) “দশমুখ”) বুলিও জনা যায়। লক্ষ্মণ লক্ষ্মণ (আক্ষৰিক অৰ্থত যাৰ ভাগ্যশালীৰ লক্ষণ আছে) লখন হৈছে ৰামায়ণৰ মূল চৰিত্ৰ ৰামৰ ভ্ৰাতৃ। তেওঁক সৌমিত্ৰ, ৰামানুজ আৰু ভৰতানুজ নামেৰেও জনা যায়। তেওঁ শত্ৰুঘ্নৰ মজ ভ্ৰাতৃ। লৱ লৱ আৰু তেওঁৰ যমজ ভাতৃ কুশ, ৰাম আৰু সীতাৰ সন্তান আছিল। তেওঁলোকৰ কাহিনী হিন্দু মহাকাব্য, ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণত বৰ্ণনা কৰা হৈছে। কোৱা হয় যে তেওঁলোকৰ মাতৃৰ দৰে তেওঁ বগা-সোণালী বৰণৰ আছিল, আনহাতে কুশ তেওঁলোকৰ দেউতাকৰ দৰে ক'লা বৰণৰ আছিল। লৱই লৱপুৰী (আধুনিক লাহোৰ চহৰ), প্ৰতিষ্ঠা কৰিছিল বুলি কোৱা হয় আৰু তেওঁৰ নামেৰেই ঠাইখন নামকৰণ কৰা হৈছে। শ/হ সম্পাতি বৈদিক গ্ৰন্থসমূহত সম্পাতি হৈছে অৰুণ আৰু শ্যেনীৰ জ্যেষ্ঠ সন্তান তথা জটায়ুৰ ভ্ৰাতৃ। তেওঁৰ অৱয়ব এক শগুনৰ দৰে। ব্ৰহ্ম পুৰাণৰ মতে, বব্ৰু নামেৰে সম্পাতিৰ এক পুত্ৰ আছে যি অতি বেগবান আৰু খাতিমান। শৈশৱ কালতে সম্পাতিয়ে নিজৰ ডেউকা দুখন হেৰুৱায়। শান্তা শান্তা হিন্দু মহাকাব্য ৰামায়ণৰ এটা চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰজা দশৰথ আৰু কৌশল্যাৰ জীয়ৰী আছিল। পিছত তেওঁক অংগ প্ৰদেশৰ ৰজা ৰোমাপদে তুলি লৈছিল। শত্ৰুঘ্ন শত্ৰুঘ্ন হৈছে ৰামৰ কনিষ্ঠ ভ্ৰাতৃ আৰি দশৰথ তথা সুমিত্ৰাৰ পুত্ৰ। তেওঁ লক্ষ্মণৰ যমজ ভ্ৰাতৃ। শত্ৰুঘ্নক ৰিপুদমন নামেৰেও জনা যায়। বাল্মীকি ৰামায়ণৰ মতে শত্ৰুঘ্ন বিষ্ণুৰ অৱতাৰ ৰামৰেই অংশ। মহাভাৰতৰ বিষ্ণু সহস্ৰনামত শত্ৰুঘ্নৰ স্থান ৪১২। শিৱ শিৱ আক্ষৰিক অৰ্থ "শুভ" বা "মঙ্গল") এজন হিন্দু দেৱতা। তিনি ত্ৰিমূৰ্তিৰ (হিন্দুসকলৰ মতে তিনিটা বিশেষ প্ৰাথমিক দৈৱসত্তা) অন্যতম। ত্ৰিমূৰ্তিৰ শিৱ হৈছে ধ্বংসৰ প্ৰতীক। হিন্দুধৰ্মৰ শৈৱ শাখা সম্প্ৰদায়ৰ মতে, শিৱই হ’ল সৰ্বোচ্চ ঈশ্বৰ। যিসকল হিন্দুধৰ্মাবলম্বীয়ে শিৱকেই প্ৰধান দেৱতা বুলি জ্ঞান কৰে তেখেতৰ পূজা কৰে, তেখেতসকল "শৈৱ" নামে পৰিচিত। বিষ্ণু-পূজক বৈষ্ণৱ বা দেৱী-পূজক শাক্তসকলৰ অনুসৰি শৈৱধৰ্মও হিন্দুধৰ্মৰ অন্যতম প্ৰধান শাখাসম্প্ৰদায়। শ্ৰুতকীৰ্তি শ্ৰুতকীৰ্তি হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰজা কুশধ্বজ আৰু ৰাণী চন্দ্ৰভাগাৰ কন্যা তথা ৰামৰ সৰু ভায়েক শত্ৰুঘ্নৰ পত্নী আছিল। শ্ৰুতকীৰ্তি আছিল সংকস্যৰ ৰাজকুমাৰী আৰু ৰজা কুশধ্বজৰ সৰু জীয়েক। তেওঁ মহালক্ষ্মীৰ ফুলৰ অৱতাৰ আছিল। শ্ৰুতকীৰ্তিৰ মাণ্ডবী নামৰ এগৰাকী ডাঙৰ ভগ্নী আছিল। শূৰ্পনখা শূৰ্পনখা হৈছে ৰামায়ণত বৰ্ণিত এক ৰাক্ষসী। তেওঁৰ আন এটা নাম মীনাক্ষী। তেওঁ লংকাধিপতি ৰাৱণৰ কনিষ্ঠ ভগ্নী আৰু ঋষি বিশ্ৰবা তথা ৰাক্ষসী কৈকেষীৰ জীয়ৰী। মূল বাল্মীকি ৰামায়ণত শূৰ্পনখাৰ ভূমিকা সৰু যদিও গুৰুত্বপূৰ্ণ। সীতা সীতা হিন্দু মহাকাব্য ৰামায়ণৰ কেন্দ্ৰীয় নাৰী চৰিত্ৰ আৰু মিথিলা ৰাজ্যৰ ৰজা জনকৰ পুত্ৰী। তেওঁৰ অন্য নাম বৈদেহী, জানকী, মৈথেলী, ভূমিজা। সীতাক হিন্দু ধৰ্মৰ ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ অৱতাৰ বুলি বিশ্বাস কৰা হয়। হিন্দুসকলৰ প্ৰধান পূজ্য দেৱতা বিষ্ণুৰ ৰাম অৱতাৰৰ সময়ত লক্ষ্মী দেৱীয়ে সীতা ৰূপে অৱতাৰ গ্ৰহণ কৰে আৰু ৰামৰ পত্নী হয়। সীতাক আদৰ্শ হিন্দু নাৰীচৰিত্ৰৰ প্ৰতীক হিচাপে মান্যতা প্ৰদান কৰা হয়। পতিব্ৰত ধৰ্ম পালন, আত্মবলিদান, অদম্য সাহস আৰু পৱিত্ৰতাৰ বাবে সীতা হিন্দু নাৰী সকলৰ আদৰ্শ চৰিত্ৰ। সুকেশ সুকেশ লংকাৰ ৰাক্ষক ৰজা আছিল৷ তেওঁ গন্ধৰ্ব ৰাজকুমাৰী মণিমায়াক বিবাহ কৰাইছিল৷ তেওঁৰ তিনিটা সন্তান আছিল ক্ৰমে- সুমালী, মাল্যবান আৰু মালী৷ সুগ্ৰীৱ সুগ্ৰীৱ 'সুন্দৰ ডিঙি') হিন্দু মহাকাব্য ৰামায়ণৰ এক বানৰ চৰিত্ৰ। সেই অনুসৰি তেওঁ বালিৰ সৰু ভায়েক আছিল। সুগ্ৰীৱে বালিক পৰাভূত কৰি কিষ্কিন্ধা, বানৰ ৰাজ্যৰ শাসক হিচাপে সফল হৈছিল। ৰুমা তেওঁৰ পত্নী আছিল। তেওঁ হিন্দু দেৱতা সূৰ্য্যৰ পুত্ৰ আছিল। ভানৰৰ ৰজা হিচাপে সুগ্ৰীৱে ৰাক্ষস ৰজা ৰাৱণৰ হাতৰ পৰা ৰাম পত্নী সীতাক মুক্ত কৰাৰ অন্বেষণত ৰামক সহায় কৰিছিল। সুবাহু সুবাহু ৰামায়ণত বৰ্ণিত এটা ৰাক্ষস চৰিত্ৰ আছিল। তেওঁ আৰু তেওঁৰ মাক তাড়কাই জংঘলৰ মুনিসকলক, বিশেষকৈ বিশ্বামিত্ৰৰ যজ্ঞ স্থলীত, মাংস আৰু তেজ ছটিয়াই তেওঁলোকৰ যজ্ঞত ব্যাঘাত জন্মাই হাৰাশাস্তি কৰাত অপৰিসীম আনন্দ লাভ কৰিছিল। সুলোচনা সুলোচনা তেওঁ, যাৰ চকু ধুনীয়া) সৰ্পৰাজ শেষনাগৰ কন্যা আছিল আৰু ৰাৱণৰ জ্যেষ্ঠ পুত্ৰ মেঘানাদ (ইন্দ্ৰজিৎ)ৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ বাল্মীকি ৰামায়ণত সুলোচনাৰ কোনো উল্লেখ পোৱা নাযায়, অৱশ্যে ইয়াৰ পৰৱৰ্তী সংস্কৰণসমূহত তেওঁৰ উল্লেখ আছে। মেঘনাদ বধ কাব্য নামৰ বেলাডত উল্লেখ কৰা প্ৰমিলাক ইন্দ্ৰজিৎৰ পত্নী বুলি কোৱা হয়। সেয়েহে, এইটো যুক্তিসঙ্গতভাৱে ধৰি ল'ব পাৰি যে সুলোচনাকে প্ৰমিলা বুলিও জনা গৈছিল। সুমালী সুমালী ৰাক্ষক ৰজা সুকেশ আৰু গন্ধৰ্ব ৰাজকুমাৰী দেৱৱতীৰ সন্তান আছিল। তেওঁৰ দুজন ভাই আছিল মাল্যবান আৰু মালী। সুমালী কেতুমতীক বিবাহ কৰাইছিল। তেওঁৰ ১০গৰাকী পুত্ৰ আছিল ক্ৰমে- (প্ৰহস্ত, অকম্পন, বিকট, কালিকামুখা, ধুমৰক্ষ, দণ্ড, সুপ্ৰস্ব, সংৰাদি, প্ৰঘাস আৰু ভাস্কৰ্ণ) আৰু ৪গৰাকী কন্যা ক্ৰমে- ৰাকা পুষ্পটকতা কৈকেষী আৰু কুম্ভনাশী। তেওঁৰ কন্যা কৈকেষী ঋষি বিশ্ৰবাৰ সৈতে বিবাহ হয় যাৰ ঔৰসত তিনি পুত্ৰ যথাক্ৰমে ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু এটি কন্যা শূৰ্পনখাৰ জন্ম হয়। সুমিত্ৰা সুমিত্ৰা হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ অযোধ্যাৰ ৰজা দশৰথৰ দ্বিতীয় সহধৰ্মিনী আৰু ৰাণী। ৰামায়ণত উল্লেখ কৰা অনুসৰি তেওঁ যমজ সন্তান লক্ষ্মণ আৰু শত্ৰুঘ্নৰ মাতৃ। শ্ৰৱণ কুমাৰ শ্ৰৱণ কুমাৰ হৈছে ৰামায়ণৰ এটি চৰিত্ৰ। তপস্বী দম্পতী শান্তণু আৰু মলয়াৰ পুত্ৰ। শ্ৰৱণৰ মাক দেউতাক উভয়ৰে দৃষ্টি শক্তি ক্ষীণ আছিল, পিছলৈ গৈ তেওঁলোক একেবাৰে অন্ধ হৈ পৰে। শ্ৰৱণ কুমাৰ পূৰ্বজন্মত ৰাজকোঁৱৰ আছিল। শাপৰ ফলত তেওঁ অন্ধমুনিৰ পুত্ৰ হৈ জন্ম লয়। হনুমান হনুমান হিন্দু শাস্ত্ৰ গ্ৰন্থত বৰ্ণিত দেৱতা। তেওঁ পৱন দেৱৰ পুত্ৰ। হিন্দু ধৰ্মগ্ৰন্থ ৰামায়ণত হনুমানৰ বিস্তাৰিত বৰ্ণনা পোৱা যায়। এই ধৰ্মগ্ৰন্থত তেওঁক মহাবলশালী, পৰাক্ৰমী, পৰম চতুৰ দেৱতাৰূপে বৰ্ণনা কৰা হৈছে। তেওঁক ভগৱান শ্ৰীবিষ্ণুৰ সপ্তম অৱতাৰ শ্ৰীৰামৰ পৰম ভক্ত বুলি জনা যায়। শৈশৱ কালত তেওঁ ৰক্তিম বৰণীয়া সূৰ্যক ফল বুলি বিবেচনা কৰি ভক্ষণ কৰাৰ বাবে আকাশমাৰ্গত যাত্ৰা কৰিছিল। সূৰ্যদেৱ হনুমানৰ অভিসন্ধি উপলদ্ধি কৰি গদাৰে হনুমানক প্ৰহাৰ কৰি ভূতলশায়ী কৰিছিল। হবিৰ্ভূ হবিৰ্ভূ বা মনিনী আছিল কৰ্দম ঋষি আৰু দেৱহুতীৰ চতুৰ্থী কন্যা আৰু ঋষি পুলস্ত্যৰ পত্নী। তেওঁ ঋষি বিশ্ৰবা আৰু ঋষি অগস্ত্যৰ মাতৃ আছিল। লগতে চাওঁক কাকভুশুন্দি তথ্য সংগ্ৰহ ৰামায়ণৰ চৰিত্ৰ
25674
https://as.wikipedia.org/wiki/%E0%A6%9F%E0%A6%BF%20%E0%A6%8F%E0%A6%9B%20%E0%A6%87%E0%A6%B2%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%9F
টি এছ ইলিয়ট
টি এছ ইলিয়ট সম্পূৰ্ণ নাম বিগত অৰ্ধ শতাব্দীৰ কাব্য সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ আছিল। কবিত্ব আৰু দাৰ্শনিক চিন্তাধাৰাই তেওঁৰ প্ৰতিভা সাৰ্থক কৰি তুলিছে। ইলিয়টৰ শ্ৰেষ্ঠ পৰিচয় হ’ল তেওঁ এগৰাকী কবি। এই যুগৰ কবিতাৰ নতুন ধাৰা প্ৰবৰ্তন কৰা পুৰোহিত। বিশ্বৰ সকলো আধুনিক কবিৰ ওপৰত তেওঁ অসামান্য প্ৰভাৱ বিস্তাৰ কৰে। কাব্য সাহিত্যৰ এক নতুন ধাৰাৰ তেওঁ প্ৰধান প্ৰবক্তা। জীৱনক ভাল পাইও মোহমুক্ত দৃষ্টিৰে জগত আৰু জীৱনৰ যি ধ্ৰুপদী ব্যাখ্যা তেওঁ দিছিল অলংকাৰ বৰ্জিত ভাষাৰে, ইয়েই এই যুগৰ কাব্য-সাহিত্যত যুগান্তৰ সৃষ্টি কৰিছিল। যুদ্ধোত্তৰ যুগৰ অৱসাদ, সংশয় আৰু ক্লেদাক্ত জীৱন যন্ত্ৰণা প্ৰতিফলিত হৈছেল তেওঁৰ কবিতাত। নতুন চিন্তাধাৰাক ৰূপায়িত কৰাৰ বাবে তেওঁ নতুন আঙ্গিক আৰু ৰচনা শৈলীৰ আশ্ৰয় গ্ৰহণ কৰে। কাব্য চিন্তাৰ ক্ষেত্ৰতো ইলিয়টে পূৰ্বসুৰীসকলতকৈ স্বতন্ত্ৰ আৰু মৌলিক আছিল। জন্ম বিশ্ব বিশ্ৰুত কবি গৰাকীৰ জন্ম হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ ইংলেণ্ডৰ এটি পৰিয়ালত ১৮৮৮ৰ ২৬ ছেপ্তেম্বৰত। তেওঁৰ ককাক আছিল এগৰাকী ধৰ্মযাজক আৰু ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাতা। ইলিয়ট মাক-দেউতাকৰ ছয়টি সন্তানৰ ভিতৰত কনিষ্ঠপুত্ৰ আছিল। তেওঁৰ পৰিয়াল আছিল শিক্ষা, চৰিত্ৰ, সামাজিক মৰ্য্যাদা আদি সকলো দিশতে সংস্কৃত সম্পন্ন। মাক সমাজ সংস্কাৰৰ লগতে কবি আৰু বিদুষী ৰমণী আছিল। সেয়ে ইলিয়ট মাকৰ কবিত্ব শক্তিৰ এক যোগ্য উত্তৰাধিকাৰী হ’ব পাৰিছিল। শিক্ষা আৰু জীৱিকা ১৯০৯ত ইলিয়ট হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা দৰ্শনত স্নাতক হয় আৰু তাৰ পিছৰ বছৰত স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ পেৰিছৰ চৰবোৰ্ণত প্ৰৱেশ কৰে। সেই ঠাইত কিছুদিন অধ্যয়ন কৰাৰ পাছত তেওঁ অক্সফোৰ্ডৰ মাৰ্টন কলেজত অধ্যয়ন কৰিবলৈ লয়। ছাত্ৰ জীৱনতেই ইলিয়টে ইংৰাজীৰ উপৰিও গ্ৰীক, লেটিন, ফৰাচী, জাৰ্মান ভাষাৰ উপৰিও ইউৰোপৰ চিৰায়ত সাহিত্য সম্পূৰ্ণ অধ্যয়ন কৰে। আনকি তেওঁৰ অধ্যয়ন স্পৃহাৰ পৰা সংস্কৃত ভাষাও বাদ পৰা নাছিল। ইলিয়ট ছাত্ৰ জীৱনতে বহুতো খ্যাতনামা অধ্যাপকৰ সান্নিধ্যলৈ আহে আৰু শিক্ষা জীৱনৰ সমাপ্তিৰ পাছতে শিক্ষকতা আৰম্ভ কৰে। কিন্তু শিক্ষকতাৰ প্ৰতি ইলিয়টৰ প্ৰবল বিতৃষ্ণা আছিল। সেই বাবে চাৰিবছৰ পাছত তেওঁ শিক্ষকতাৰ চাকৰি বাদ দি বেংকৰ চাকৰিত সোমায়। ভৱিষ্যতে কবি হ’বলৈ হেঁপাহ পুহি ৰখা ইলিয়ট হ’ল এজন বেংকৰ লেজাৰ-কীপাৰ। তেওঁ আঠ বছৰ একেৰাহে এই চাকৰি কৰে। বিবাহ বেংকৰ চাকৰি কৰি থকা সময়তে তেওঁ ভিভিয়েন হেগ নামৰ নৰ্তকী এজনীক বিয়া কৰায়। ভিভিয়েন এগৰাকী বিখ্যাত ইংৰাজ চিত্ৰকৰৰ ছোৱালী আছিল। ইলিয়টৰ বয়স তেতিয়া ২৭ বছৰ। ২৭ বছৰত দাম্পত্য জীৱন আৰম্ভ কৰা ইলিয়টৰ গোটেই জীৱন সুখতেই অতিবাহিত হৈছিল। কৰ্ম ইলিয়টে চাকৰি জীৱন আৰু দাম্পত্য জীৱনৰ আগৰে পৰাই সাহিত্য চৰ্চাত মনোনিবেশ কৰিছিল। সেয়ে অৱসৰ সময়ত তেওঁ ইগ’ইষ্ট নামৰ বাতৰি কাকত এখনৰ সম্পাদকীয় বিভাগত যুক্ত হয় আৰু সেই একেই সময়তে তেওঁ ’এথেনিয়াম’ আৰু লিটাৰাৰি চাপ্লিমেণ্ট’ৰ গ্ৰন্থ সমালোচনাৰ দায়িত্ব বহন কৰে। সাহিত্য জগতত বিদগ্ধ সমালোচক হিছাপে প্ৰতিষ্ঠা লাভ কৰা ইলিয়টৰ সাহিত্যিক জীৱন এইদৰে আৰম্ভ হৈছিল। অৱশ্যে ইয়াৰ আগতেই তেওঁ কবিতা লিখা আৰম্ভ কৰিছিল। বেংকৰ চাকৰি কৰিলেও সাহিত্যই অনবৰতে ইলিয়টক আকৰ্ষণ কৰি আছিল। চাকৰি কৰিব নে সাহিত্য কৰ্মত একানপটীয়াকৈ লাগিব-এই দোদুল্যমান অৱস্থাত থাকোঁতেই তেওঁৰ দুই এখন কবিতা পুথি প্ৰকাশ পায় আৰু কবি হিছাপেও কিছু খ্যাতি অৰ্জন কৰে। লণ্ডনৰ সুপ্ৰসিদ্ধ পুথি প্ৰকাশক প্ৰতিষ্ঠান ’ফবাৰ য়্যাণ্ড ফেবাৰ’ৰ পৰাই ইলিয়টৰ কবিতা পুথি কেইখন প্ৰকাশ পাইছিল। প্ৰকাশক গোষ্ঠীয়ে প্ৰথমে এজন অপৰিচিত কবিৰ কবিতাই পঢ়ুৱৈৰ সমাদৰ পাব বুলি ধাৰণা কৰা নাছিল, কিন্তু তেওঁৰ কবিতা পুথি কেইখনে বজাৰ পোৱাৰ লগে লগে হাজাৰে হাজাৰে বিক্ৰী হৈ গ’ল। তেতিয়া সেই প্ৰকাশক গোষ্ঠীৰ পৰা ইলিয়টলৈ এটি অনুৰোধ আহিল, যদি তেওঁ প্ৰকাশক গোষ্ঠীৰ এক ৰিডাৰ হিছাপে কামত যোগ দিয়ে তেনেহ’লে মাহিলী আঢ়ৈশ পাউণ্ড দৰমহা দিবলৈ সন্মত। তেতিয়া ইলিয়টে বেংকৰ চাকৰি বাদ দি ফবাৰ য়্যাণ্ড ফেবাৰ-ত যোগ দিয়ে। এই কামত তেওঁ খুউব কম দিনৰ ভিতৰতে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি সঞ্চালকৰ পদ লাভ কৰিলে। ফবাৰ কোম্পানীৰ কামত যোগ দিয়াৰ ফলত যে অকল তেৱেঁই উপকৃত হৈছিল এনে নহয়, সামগ্ৰীক ভাৱে ইংলণ্ডৰ কাব্য জগতো সমানেই লাভাবান হৈছিল। তৰুণ আৰু আধুনিক কবি গোষ্ঠীয়ে ইংলণ্ডৰ কাব্য জগতত লাহে লাহে প্ৰৱেশ কৰাৰ পথ সুগম কৰি দিছিল ফবাৰেৰ অন্যতম ডিৰেক্টৰ স্বয়ং ইলিয়টে। তৰুণ কবিৰ কবিতা মৰ্য্যাদা সহকাৰে প্ৰকাশ পাবলৈ লয়। কাব্যিক জগতত ইলিয়টে যেনেকৈ এটা যুগৰ সৃষ্টি কৰে, কাব্য গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰতো তেওঁ তেনেদৰে আগৰণুৱা হৈ পৰে। কুৰি শতিকাৰ ইউৰোপৰ কাব্য জগতক নেতৃত্ব দিয়া ইলিয়টৰ বৈশিষ্ট্যৰ এটা হ’ল তেওঁ নিজস্ব প্ৰতিভা আৰু আনটো হ’ল কোম্পানীৰ সৈতে তেওঁৰ নিবিড় সংযোগ। ১৯২৭ত ইলিয়টে ব্ৰিটিছ নাগৰিকত্ব লাভ কৰে আৰু তেতিয়াৰ পৰাই ইংলণ্ড হ’ল তেওঁৰ দ্বিতীয় মাতৃভূমি। কাব্য জীৱন এই গৰাকী বিদগ্ধ কবিৰ কাব্য চিন্তা বিশ্লেষণ কৰিলে দেখা যায় যে তেওঁ এক নতুন কাব্য দৰ্শন গঢ়ি তোলাত সাফল্য লাভ কৰিছিল। মানুহৰ অন্ত:সাৰশূন্যতা, জীৱনৰ শুষ্কতা আৰু ভঙ্গুৰতাৰ আৰ্তনাদ তেওঁৰ কবিতাত যিমান ধ্বনিত হৈছে, ইলিয়টৰ পূৰ্বৰ কবিৰ কবিতাত সেই ধ্যান ধাৰণা পৰিলক্ষিত হোৱা নাই। আজিৰ দিকভ্ৰান্ত মানুহে পুৰণি সকলো বিশ্বাস হেৰুৱাই পেলাইছে, অথচ জীৱনটো সুকলমে চলাই নিয়াৰ বাবে নতুন কোনো আদৰ্শৰো সন্ধান পোৱা নাই। এই যুগৰ সভ্যতা সেই বাবেই ইলিয়টৰ দৃষ্টিত স্তুপীকৃত ভগ্নমূৰ্তি )ৰ বাহিৰে একো নহয়। দি ওৱেষ্ট ল্যাণ্ড ইলিয়টৰ শ্ৰেষ্ঠ কাব্য গ্ৰন্থ বুলি স্বীকৃত হৈছে। এই কাব্য গ্ৰন্থৰ আঙ্গিকৰ সৈতে ওতপ্ৰোত হৈ আছে তেওঁৰ জীৱন দৰ্শন আৰু নৈতিক জীৱনৰ শুদ্ধতাৰ ওপৰত গভীৰ বিশ্বাস। ইলিয়টৰ কবি মন এই কাব্য গ্ৰন্থত এক উচ্চ শিখৰত আৰোহণ কৰিছে। যুদ্ধোত্তৰ ইউৰোপৰ কিংকৰ্তব্য বিমুঢ়তা, সমস্ত আদৰ্শবাদ মূলক আশা-ভৰসাৰ মূলোচ্ছেদ, পথ-সন্ধানত বিভ্ৰান্তি, চূড়ান্ত অৱসাদ সমসাময়িক ইউৰোপৰ এই সকলো দিশ ইলিয়টৰ কাব্যত মূৰ্ত হৈ উঠিছে। এজৰা পাইণ্ডৰ নামত উৎসৰ্গীত প্ৰথম বিশ্বযুদ্ধোত্তৰ পৃথিৱীৰ ই এক সুন্দৰ মানস দৰ্পণ। ইয়াৰ উপৰিও ১৯২৫ৰ প্ৰকাশিত কাব্য গ্ৰন্থত আধুনিক যুগৰ মূল্যবোধহীন মানুহৰ অৱস্থা বৰ্ণনা কৰিছে। এই কাব্য গ্ৰন্থখনত তেওঁৰ কবিতাৰ সুৰ উচ্চ পৰ্য্যায়ৰ আৰু বিশ্লেষণো তীক্ষ্ণ। দি হ’লো মেন-ক সেয়েহে দি ওৱেষ্ট ল্যাণ্ড-ৰ পৰিপূৰক অথবা উপসংহাৰো বুলি কব পাৰি। এই কাব্য গ্ৰন্থত কবিয়ে পৃথিৱীৰ প্ৰতি তেওঁৰ সন্ধানী দৃষ্টি নিক্ষেপ কৰিছে- সেই পৃথিৱী যেন নিঃশব্দ ক্লান্ত, পৃথিৱীখনৰ আকাৰ আছে, কিন্তু গঠন নাই, ছাঁ আছে ৰং নাই, আৰু গতিও যেন পক্ষাঘাত গ্ৰস্ত। এই পৃথিৱীৰ ভঙ্গী আছে অথচ আবেগ নাই। ইলিয়টৰ দৃষ্টিত, ইলিয়টৰ বিশ্বাস এই পৃথিৱীত মানুহে ভালকৈ জীয়াই থাকিবতো নাজানেই, আনকি ভদ্ৰ ভাৱে মৰিবও নাজানে। পঞ্চাশ বছৰৰ দেওনা পাৰ নৌহওঁতেই ইলিয়টৰ ধ্যান-ধাৰণাই গভীৰতা লাভ কৰে। এইবাৰ অন্য এক দিশ পৰিলক্ষিত হ’ল তেওঁৰ কবিতাত। ইলিয়টে ৰচনা কৰিলে সেই মহান কবিতা- যিটো পঢ়িলে এনে ভাৱ হয় কবিয়ে যেন এক নতুন পোহৰৰ সন্ধান পাইছে, এক উচ্চ আৰু গভীৰতম আধ্যাত্মিক ভাৱনাই তেওঁৰ হৃদয় স্পৰ্শ কৰিছে। বাস্তৱৰ পূজাৰী উদ্ধুদ্ধ হৈছে উচ্চতম দাৰ্শনিক চেতনাত। এই অন্ত:সাৰশূন্য সভ্যতাৰ পৰা মানুহৰ মুক্তিৰ পথ অনুসন্ধান কৰিছে বাইবেলৰ বাণী আৰু উপনিষদৰ সঞ্জীৱনী মন্ত্ৰৰ মাজত। এই কাব্য গ্ৰন্থত কবিতাৰ শিল্পৰূপে আৰু ৰস এই দুয়োটাকে অতিক্ৰম কৰি ফুটি উঠিছে এক মহিমামণ্ডিত জীৱন জিজ্ঞাসা। নাট্যাকাৰ আৰু সমালোচক হিছাপে কবি হিচাপে ইলিয়ট প্ৰসিদ্ধ হ’লেও তেওঁ নাট্যকাৰ আৰু সমালোচক হিছাপেও কম কৃতিত্ব লাভ কৰা নাই। তেওঁৰ মঞ্চ সফল নাটক আৰু কাব্য গ্ৰন্থৰ দৰে সমানেই সমাদৰ অৰ্জন কৰিছে। মধ্যযুগৰ ৰহস্য-নাটৰ অনুসৰণত ৰচনা কৰা মাৰ্ডাৰ ইন দি ক্যাথেড্ৰাল বহুতৰ বিবেচনাত ইলিয়টৰ শ্ৰেষ্ঠ নাট্য কাব্য। এই প্ৰসঙ্গতে এজন খ্যাতনামা সমালোচকৰ উক্তি মন কৰিবলগীয়া। তেওঁ লিখিছে, ধৰ্মীয় শ্বহীদ ক্যাণ্টাৰ্বেৰিৰ টমাস বেকেটৰ কাহিনীক লৈ ৰচনা কৰা এই নাটকত ইলিয়টে প্ৰলোভনৰ যি মনস্তাত্বিক ৰূপ দক্ষতাৰে প্ৰতিফলিত কৰিছে। সমালোচক ৰূপেও ইলিয়টৰ প্ৰতিভাই ইংৰাজী সাহিত্যত এক অভিনৱ ৰীতি প্ৰবৰ্তন কৰিছে। সমালোচক হিছাপে ইলিয়টৰ পৰিচয় আছে তেওঁৰ প্ৰভৃতি গ্ৰন্থৰ মাজত। অৱশ্যে ইলিয়টৰ কবিসত্তাৰ পৰা সমালোচক ইলিয়টক পৃথক কৰি ভবা উচিত নহয়, কাৰণ সেই সমালোচনাৰ মাজতেই তেওঁৰ কবি মনৰ ধাৰাটো সু-স্পষ্ট আৰু প্ৰত্যক্ষ হৈ উঠিছে। তেওঁৰ কবিতা ৰচনা আৰু সমালোচনাৰ পদ্ধতি ভিন্ন নহয়। তেওঁৰ মতে কবিতাত কবিৰ ব্যক্তিত্ব বা আবেগ প্ৰকাশিত নহয়, প্ৰকাশ হয় কেৱল শাশ্বত সত্য। ইলিয়টৰ জীৱনৰ অৰ্ধশতাব্দী কালৰ কাব্য সাধনা এই সত্যৰ সন্ধান আৰু অনুশীলন সাৰ্থক উঠিছে। পুৰস্কাৰ ১৯৪৮ চনত তেওঁ সাহিত্যৰ ন'বেল বঁটা লাভ কৰে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ জীৱনী কৰ্মাৱলী (1907-1910) ৱেবছাইট সংৰক্ষিত অন্যান্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি মৃত ব্যক্তি আমেৰিকান কবি সাহিত্যৰ ন'বেল বঁটা
45539
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A7%8B%E0%A6%9C%E0%A6%BE
ৰোজা
ইছলাম ধৰ্ম ৰোজা বা ৰোযা (ফাৰ্চী ৰুজ়ে), সাউম (আৰবী বা ছিয়াম হ'ল ইছলাম ধৰ্মৰ পাঁচটা মূল ভিত্তিৰ তৃতীয়। ছুবহে ছাদেকৰ পৰা সূৰ্যাস্তলৈকে সকলো প্ৰকাৰৰ পানাহাৰ আৰু লগতে যাৱতীয় ভোগ-বিলাসৰ পৰা বিৰত থকাৰ নামেই হৈছে ছিয়াম। ইছলামী বিধান অনুসৰি, প্ৰতিজন সবল মুছলিমৰ বাবে ৰমাদ্বান মাহৰ প্ৰতিদিন ছিয়াম (ৰোজা) ৰখা ফৰজ ফ়াৰ্দ্ব) বা অৱশ্য পালনীয়। ছিয়ামৰ অৰ্থ ছিয়ামৰ শাব্দিক অৰ্থ হ'ল বিৰত থকা। ফাৰ্চী ভাষাত ইয়াক ৰোজা বোলা হয়। ৰমাদ্বান ৰোজাৰ নিয়ত হাদিছত আহিছে, “নবী মুহাম্মাদ (ছঃ) য়ে কৈছে, যি ব্যাক্তিয়ে ফজৰৰ পূৰ্বে ৰোজাৰ নিয়ত নকৰে তাৰ কোনো ৰোজা নাই”। অধিকাংশ আলিমৰ মত যে, নিয়ত মনে মনে কৰিব লাগে, নিয়ত উচ্চচৰে পঢ়াতো উচিত নহয় আৰু ইয়াৰ কোনো দলিল শ্বৰীয়তত পোৱা নাযায়। ধৰাহ'ল আপুনি কাইলৈ ৰোজা ৰাখিব, আৰু আপুনি অন্তৰৰ পৰা সিদ্ধান্ত কৰিছে যে কাইলৈ মই ৰোজা ৰাখিম, এইটোৱেই হ'ল নিয়ত। আমাৰ সমাজত প্ৰচলিত এটা আৰবী ভাষাত নিয়ত আছে, "নাওৱাইতুন আছুমা গাদাম্মিন......... আন্তাছ চামি উল আলিম" ইয়াৰ কোনো দলিল ছহিহ হাদীছত পোৱা নাযায়। কিহেৰে ইফতাৰ কৰিব লাগে হাদিছত আহিছে, “ছালাম ইবনে আমৰ (ৰাঃ) ৰ পৰা বৰ্ণিত তেওঁ কৈছে যে, নবী কৰিম (ছ) য়ে কৈছে যে যেতিয়া তোমালোকৰ কোনোবাই ৰোজা ৰাখিবা, তেতিয়া সি যাতে খেজুৰেৰে ইফতাৰ কৰে। যদি খেজুৰ পোৱা নাযায় তেনেহলে সি যাতে পানীৰে ইফতাৰ কৰা, কাৰণ পানী পবিত্ৰ। কোনো ৰোজাদাৰক ইফতাৰ কৰোৱা হাদিছত আহিছে,নবী কৰিম মুহাম্মাদ (ছ) য়ে কৈছে যে “যি ব্যক্তিয়ে কোনো ৰোজাদাৰক ইফতাৰ কৰায়, সি উক্ত ৰোজাদাৰৰ সমানেই ছোৱাব লাভ কৰিব”। ইফতাৰৰ ছহীহ দুআ আলিম সকলে কয়, কেৱল 'বিছমিল্লাহ' কৈ ইফতাৰ আৰম্ভ কৰিব আৰু ইফতাৰ শেষ হ'লে উক্ত দুআটো পঢ়িব। “যাহাবায যামাউ ৱাবতাল্লাতিল উৰূক্ব, ৱাছাবাতাল আজৰু ইনশ্বা আল্লাহ”। অৰ্থ: পিয়াস দূৰীভূত হ'ল, শিৰাসমূহ সিক্ত হল, ছাওৱাব প্ৰতিষ্ঠিত হল। ইন শ্বা আল্লাহ। আমাৰ সমাজত প্ৰচলিত দুআটো ছহীহ হাদিছত নাই। সেইটো হ'ল আল্লাহুমা ছুমতুলাকা......বিৰাহ মাতিকা ইয়া আৰহামাৰ ৰাহিমীন। ইছলামিক পণ্ডিত সকলৰ মত হাদিছটো দুৰ্বল। ৰোজাৰ ফজিলত (১) আল্লাহে স্বয়ং নিজে ছিয়ামৰ প্ৰতিদান দিব- হাদীছে কুদছীতত আছে, আল্লাহ তা‘আলাই কৈছেঃ ‘‘মানুহৰ প্ৰতিটো ভাল কাম নিজৰ বাবে হৈ থাকে, কিন্তু ছিয়াম একমাত্ৰ মোৰ বাবে, সেয়ে আমি নিজেই ইয়াৰ প্ৰতিদান দিম। (২) ছিয়াম অতি উত্তম নেক আমল- আবূ হুৰাইৰাহ ছল্লাল্লাহু আলাইহি ওয়াছাল্লাম’ৰ এটি হাদীছত তেখেতে কৈছেঃ ‘‘হে ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লাম! মোক এটি অতি উত্তম নেক আমলৰ নিৰ্দেশ দিয়ক। ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কলে, তুমি ছিয়াম পালন কৰা। কিয়নো ইয়াৰ সমমৰ্যাদা সম্পন্ন কোনো আমল নাই। কোৱা হয় অন্যান্য ইবাদত মানুহে দেখিবলৈ পায়। কিন্তু ছিয়ামৰ মাজত সেইটো নাই। লোকক দেখুৱাৰ কোনো আলামত ছিয়াম পালনত নাথাকে। মাত্ৰ আল্লাহক সুখি কৰাৰ বাবে কৰা হয়। সেয়ে এই ইবাদতৰ মাজত আছে বিশুদ্ধ ইখলাছ। হাদীছে কুদছীত আল্লাহ তা‘আলায়ে কৈছে, ‘‘ছিয়াম পালনকাৰী একমাত্ৰ মোক সুখী কৰাৰ বাবেই পানাহাৰ ও যৌন উপভোগ পৰিহাৰ কৰে। (৩) ক) জান্নাত লাভ সহজ হৈ যাব- ছহীহ ইবনু হিববান কিতাবত আছে আবূ উমামা ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামক সুধিলেঃ আবূ উমামা ৰাদিয়াল্লাহু আনহুয়ে কয়, হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা এটি আমলৰ কথা কওক যাৰ কাৰণে মই জান্নাতত যাব পাৰো। তেখেতে কলে, তুমি ছিয়াম পালন কৰা। কিয়নো ইয়াৰ সমমৰ্যাদা সম্পন্ন কোনো ইবাদাত নাই। খ) ছিয়াম পালনকাৰীকে বিনা হিচাপত প্ৰতিদান দিয়া হয়- অন্যান্য ইবাদতৰ প্ৰতিদান আল্লাহ তা‘আলায়ে তাৰ দয়াৰ বদৌলতত ১০ ৰ পৰা ৭০০ গুণ পৰ্যন্ত বঢাই দিয়ে। কিন্তু ছিয়ামৰ প্ৰতিদান ও তাৰ চাওয়াব ইয়াতকৈও বেহিচাপ সংখ্যা দি গুণ দি বঢাই দিয়া হ'ব। হাদীছে কুদছীত আল্লাহে কৈছে, ‘‘মানব সন্তানৰ প্ৰতিটো নেক আমলৰ প্ৰতিদান দশৰ পৰা সাতশ গুণ লৈকে বৃদ্ধি কৰা হৈ থাকে। আল্লাহ তা‘আলায়ে কৈছে, কিন্তু ছিয়ামৰ বিষয়টো ভিন্ন। কিয়নো ছিয়াম একমাত্ৰ মোৰ বাবে, ময়েই ইয়াৰ প্ৰতিদান দিম। সেয়েহেইমুছলিমসকলে বিশ্বাস কৰে যে, কি পৰিমাণ সংখ্যা দি গুণ কৰি ইয়াৰ প্ৰতিদান বঢ়িই দিয়া হ'ব ইয়াৰ কোনো হিচাপ নাই, একমাত্ৰ আল্লাহেই জানে ছিয়ামৰ পুণ্যেৰ ভাণ্ডাৰ কিমান সুবিশাল হ'ব। (৪) জাহান্নামৰ পৰা মুক্তি পোৱাৰ বাবে ছিয়াম ঢাল স্বৰূপ- ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কৈছেঃ ‘‘ছিয়াম ঢাল স্বৰূপ। ইয়াৰ দ্বাৰা বান্দা তাৰ নিজক জাহান্নামৰ জুইৰ পৰা ৰক্ষা কৰিব পাৰা। (৫) জাহান্নামৰ পৰা বঁচাৰ বাবে ছিয়াম এটি মজবুত দূৰ্গ- হাদীছত আছে, ‘‘ছিয়াম ঢালস্বৰূপ আৰু জাহান্নাম পৰা বঁচাৰ এক মজবুত দূৰ্গ। (৬) হাদিছত মতে, কোনোৱে যদি একমাত্ৰ আল্লাহক খুছী কৰাৰ কাৰণে এদিন ছিয়াম (ৰোজা) ৰাখে আল্লাহে তাক জাহান্নামৰ জুইৰ পৰা সত্তৰ বছৰৰ ৰাস্তাৰ পৰিমাণ দুৰবৰ্তী স্থানত ৰাখিব। (৭) হাদিছত আহিছে, ইফতাৰৰ মহূৰ্তত আল্লাহে বহু লোকক জাহান্নামৰ পৰা মুক্তি দিয়ে। মুক্তিৰ এই প্ৰক্ৰিয়া ৰমজানৰ প্ৰত্যেক ৰাতিয়েই চলি থাকে। (৮) ছিয়াম (ৰোজা ৰখা ব্যক্তিৰ মুখৰ গোন্ধ আল্লাহৰ ওচৰত মেশ্কেৰ সুগন্ধিতকৈয়ো উত্তম। ৰাছুলুল্লাহ (ছ) য়ে কৈছে যাৰ হাতত মোৰ প্ৰাণ আছে সেই সত্তাৰ শপথ, ছিয়াম (ৰোজা) ৰখা ব্যক্তিৰ মুখৰ গোন্ধ আল্লাহৰ ওচৰত মেশ্কেৰ সুগন্ধিতকৈয়ো উত্তম। (৯) ৰাছুলুল্লাহ (ছ) য়ে কৈছে ছিয়াম (ৰোজা) ৰখা ব্যক্তিৰ কাৰণে দুটা বিশেষ আনন্দৰ মহূৰ্ত আছে। ক) ইফতাৰৰ সময় খ) আল্লাহৰ লগত সাক্ষাতৰ সময়। (১০) ৰোজাই কিয়ামতৰ দিনা আল্লাহৰ ওচৰত চুপাৰিছ কৰিব, হাদিছত এনেদৰে বৰ্ণনা কৰা হৈছে, যে হে মোৰ ৰব, মই দিনৰ সময়ত তাক (ৰোজা ৰখা ব্যক্তিক) পানাহাৰ আৰু যৌনতাৰ পৰা বিৰত ৰাখিছো। হে মোৰ ৰব সেইকাৰণে ইয়াৰ বাবে তুমি মোৰ চুপাৰিছ কবুল কৰা। ঠিক তেনেদৰে কোৰআনয়েও ক'ব, হে মোৰ ৰব মোক পঢ়াৰ কাৰণে মই তাক ৰাতি টুপনিৰ পৰা বিৰত ৰাখিছিলো। হে মোৰ ৰব সেইকাৰণে ইয়াৰ বাবে তুমি মোৰ চুপাৰিছ কবুল কৰা। ৰাছুলুল্লাহ (ছ) য়ে কৈছে, তাৰ পিচত সিহঁতৰ চুপাৰিছ আল্লাহে কবুল কৰিব। (১১) ছিয়াম হ'ল গুনাহৰ (পাপৰ) কাফফাৰা- ক) আল্লাহ তাআলাই কৈছে, নিশ্চয় নেক আমলে পাপবোৰ দূৰ কৰি দিয়ে। খ) নবী (ছ) য়ে কৈছে যে ,পৰিবাৰ পৰিজন, ধন-সম্পদ আৰু প্ৰতিবেশিসকলক লৈ জীবন ধাৰণা কৰাৰ পথত যিবোৰ গুনাহ মানুহৰ হৈ যায় সেইবোৰ গুনাহক ছালাত, ছিয়াম আৰু দান খাইৰাতে মুছি পেলাই। (১২) ছিয়াম পালনকাৰীৰ এক ৰমাদ্বানৰ পৰা পৰবৰ্তী ৰমাদ্বানৰ মধ্যবৰ্তী সময়ত হৈ যোৱা ছগীৰা গুনাহবোৰক আল্লাহে মাফ কৰি দিয়ে- (ক) আল্লাহ তাআলাই কৈছে যে, ‘‘তোমালোকে যদি নিষিদ্ধ কবীৰা গুনাহৰ পৰা বিৰত থকা তেনেহলে তোমাৰ ছগীৰা গুনাহবোৰ ক্ষমা কৰি দিয়া হব আৰু (জান্নাতত) তোমাক সম্মানজনক স্থানত প্ৰবেশ কৰোৱা হ'ব। (খ) ৰাছূলুল্লাহ (ছ) য়ে কৈছে যে, পাঁচ ওয়াক্ত ছালাতৰ (নামাজৰ) মধ্যবৰ্তী সময় আৰু এক জুম্মাৰ পৰা পৰৱৰ্তী জুম্মালৈ আৰু এক ৰমযানৰ পৰা পৰৱৰ্তী ৰমযানলৈ মাজত হোৱা ছগীৰা গুনাহবোৰক (উল্লিখিত ইবাদতৰ) কাফ্ফাৰা স্বৰূপে মাফ দিয়া হব, যদি তেও কবীৰা গুনাহৰ পৰা বাচি থাকিব পাৰে। (১৩) ছিয়াম পালনকাৰীৰ পূৰ্বৰ গুনাহ মাফ কৰি দিয়া হয়- নবীজি ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কৈছে, যি ব্যক্তিয়ে ঈমান আনি ছোৱাব অৰ্জনৰ আশাত ৰমযানৰ গোটেই কেইটা ছিয়াম পালন কৰিব, তাৰ অতীতৰ সকলো গুনাহ মাফ কৰি দিয়া হ'ব। (১৪) ছিয়াম যৌনপ্ৰবৃত্তি নিয়ন্ত্ৰণত ৰাখে- ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কৈছে, হে যুৱক সকল! তোমালোকৰ মাজত যাৰ সমৰ্থ আছে তেও যেন বিবাহ কৰাই। কিয়নো বিবাহে দৃষ্টি আৰু লজ্জাস্থান হেফাযত কৰি ৰাখে। আৰু যি ব্যক্তিৰ বিবাহৰ সামৰ্থ নাই তেও যেন যেন ছিয়াম পালন কৰে। কাৰণ এইটো তাৰ কাৰণে নিবৃতকাৰী। (অৰ্থাৎ ছিয়াম পালন যৌন প্ৰবৃত্তি নিবৃত কৰি ৰাখে)। (১৫) ছিয়াম পালনকাৰী সকল ৰাইয়ান নামৰ বিশেষ এখন দৰ্জাৰে জান্নাতত প্ৰবেশ কৰিব- হাদিছত এনেদৰে আছে, জান্নাতত এখন দৰ্জা আছে যাৰ নাম ৰাইয়্যান। কিয়ামতৰ দিনা কেবল ছিয়ামপালনকাৰী সকলেই সেই দৰ্জাৰে প্ৰবেশ কৰিব। সিহঁতৰ বাহিৰে অন্য কোনেও সেই দৰজাৰে প্ৰবেশ কৰিব নোৱাৰিব। সেইদিনা ঘোষণা কৰা হব, ছিয়াম পালনকাৰীসকল ক'ত? (ৰোজা ৰখা সকল ক'ত) তেতিয়া সিহঁতে থিয় হৈ যাব সেই দৰজাৰে প্ৰবেশ কৰাৰ কাৰণে। সিহঁত প্ৰবেশ কৰাৰ পাছত সেই দৰ্জাখন বন্ধ কৰি দিয়া হ'ব। ফলত সিহঁত ব্যতীত অন্য কেনেও সেইখন দৰ্জাৰে জান্নাত প্ৰবেশ কৰিব নোৱাৰিব।
61341
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%81%E0%A6%B6%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%20%E0%A6%B8%E0%A6%BF%E0%A6%82%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%AA%E0%A7%81%E0%A6%A4
সুশান্ত সিং ৰাজপুত
সুশান্ত সিং ৰাজপুত ২১ জানুৱাৰী ১৯৮৬ ১৪ জুন ২০২০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা, নৃত্যশিল্পী, টেলিভিছন ব্যক্তিত্ব, উদ্যমী, আৰু এগৰাকী জন হিতৈষী। তেওঁ দূৰদৰ্শনৰ ধাৰাবাহিকত অভিনয়ৰ জৰিয়তে কৰ্মজীৱনৰ পাতনি মেলিছিল। তেওঁ পোন প্ৰথমে ষ্টাৰ প্লাছৰ ৰোমাণ্টিক ধাৰাবাহিক 'কিচ দেশ মে হে মেৰা দিল'ত (২০০৮) অভিনয়ৰ সুযোগ লাভ কৰিছিল। তাৰপিছত তেওঁক জী টিভিৰ জনপ্ৰিয় ধাৰাবাহিক 'পৱিত্ৰ ৰিস্তা' (২০০৯-১১) ৰ মুখ্য চৰিত্ৰ 'মানৱ'ৰ ৰূপত দেখা গৈছিল। ২০১৩ চনত 'কাই প' চে'ৰ জৰিয়তে তেওঁ হিন্দী চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। এই ছবিত কৰা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ নৱাগত শিল্পীৰ শিতানত মনোনীত হৈছিল। তাৰপিছত তেওঁ 'শুদ্ধ দেশী ৰোমাঞ্চ' (২০১৩) আৰু 'ডিটেক্টটিভ ব্যোমকেশ বক্সি' (২০১৫) ছবিত অভিনয় কৰে। ২০১৪ চনত মুক্তি লাভ কৰা জনপ্ৰিয় ছবি 'পিকে'ত সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। তাৰপিছত তেওঁ ক্ৰিকেট খেলুৱৈ মহেন্দ্ৰ সিং ধোনিৰ জীৱনৰ ওপৰত আধাৰিত ছবি 'এম এছ ধোনি:দা আনটল্ড ষ্টৰী'ত (২০১৬) মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতাৰ শিতানত মনোনীত হৈছিল। তাৰপিছত তেওঁ বাণিজ্যিক ভাবে সফল ছবি 'কেডাৰনাথ' (২০১৮) আৰু 'চিছ'ৰে'ত (২০১৯) অভিনয় কৰে। ভাৰত চৰকাৰৰ নীতি আয়োগে সুশান্ত সিং ৰাজপুতৰ সৈতে মহিলা উদ্যমীতা মঞ্চৰ প্ৰচাৰৰ বাবে চুক্তিবদ্ধ হৈছিল। অভিনয়ৰ বাহিৰে তেওঁ ইনচেই ভেন্সাৰৰ সৈতে জড়িত আছিল। ইয়াৰ লগতে তেওঁ ছাত্ৰসকলক সহায়ৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী চলোৱা 'সুশান্ত'ফৰ'এডুকেচন' নামৰ শিক্ষামূলক অনুষ্ঠানৰ লগত সক্ৰিয়ভাবে জড়িত আছিল। ২০২০ চনৰ ১৪ জুন তাৰিখে মুম্বাইৰ বেন্দ্ৰাত অৱস্থিত তেওঁৰ নিজা এপাৰ্টমেণ্টত চিপজৰী লৈ থকা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। প্ৰাৰম্ভিক অনুসন্ধানত আৰক্ষীয়ে তেওঁ আত্মহত্যা কৰিছে বুলি জনায়। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ১৯৮৬ চনৰ ২১ জানুৱাৰী তাৰিখে বিহাৰৰ ৰাজধানী পাটনাত সুশান্ত সিং ৰাজপুতৰ জন্ম হৈছিল। তেওঁলোকৰ পিতৃপুৰুষৰ বাসস্থান বিহাৰৰ পূৰ্ণিয়া জিলাত অৱস্থিত। তেওঁৰ এগৰাকী ভগ্নী মিতু সিং এগৰাকী ৰাজ্যিক পৰ্যায়ৰ ক্ৰিকেট খেলুৱৈ। ২০০২ চনত তেওঁৰ মাতৃৰ মৃত্যু হৈছিল। ইয়াৰ ফলত তেওঁ মানসিকভাৱে ভাঙি পৰে আৰু একে বছৰে তেওঁলোক পাটনাৰ পৰা দিল্লীলৈ গুচি আহে। তেওঁ পাটনাৰ চেইণ্ট কাৰণেছ হাইস্কুল আৰু দিল্লীৰ কুলাচি হংসৰাজ মডেল স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। ২০০৩ চনত দিল্লী কলেজ অফ ইঞ্জিনীয়াৰিঙৰ প্ৰৱেশ পৰীক্ষাত তেওঁ সপ্তম স্থান দখল কৰিছিল। তাৰপিছত তেওঁ দিল্লী কলেজ অফ ইঞ্জিনীয়াৰিঙত যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ স্নাতক শ্ৰেণীত নামভৰ্তি কৰে। তেওঁ ৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াডতো পদক অৰ্জন কৰিছিল। ইয়াৰ লগতে তেওঁ ভাৰতীয় খনি বিদ্যালয়কে আদি কৰি ১১টা অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। কিন্তু থিয়েটাৰ আৰু নৃত্যৰ প্ৰতি ৰাপ থকা সুশান্ত সিং ৰাজপুতে পঢ়াৰ বাবে সময় উলিয়াবলৈ নোৱাৰি কেইবাটাও বিষয়ত বেকলগ লগাৰ পিছত তেওঁ দিল্লী কলেজ অফ ইঞ্জিনীয়াৰিং এৰি দিয়ে। তেওঁ অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ তিনিটা বছৰ সম্পূৰ্ণ কৰাৰ পিছত চূড়ান্ত বৰ্ষত পঢ়া এৰি অভিনয়ৰ ফালে গতি কৰে। কৰ্মজীৱন প্ৰাৰম্ভিক সময় সুশান্ত সিং ৰাজপুতে দিল্লী কলেজ অফ ইঞ্জিনীয়াৰিঙত পঢ়ি থাকোঁতে শ্বামক দাভাৰৰ নৃত্যশ্ৰেণীত যোগদান কৰিছিল। পৰিচালক বেৰী জনৰ নাটকৰ শ্ৰেণীত দেখি তেওঁ অভিনয়ৰ প্ৰতি আকৰ্ষিত হয় আৰু অভিনয় শ্ৰেণীতো যোগদান কৰে। যোগদানৰ কেইমাহমানৰ পিছতেই তেওঁ শ্বামক দাভাৰৰ মুখ্য নৃত্যদলত স্থান লাভ কৰে। ২০০৫ চনত তেওঁ ৫১তম ফিল্মফেয়াৰ বঁটা অনুষ্ঠানত বেকগ্ৰাউণ্ড নৃত্যশিল্পী হিচাপে চয়নিত হয়। ২০০৬ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত তেওঁলোকৰ দলে সাংস্কৃতিক কাৰ্যসূচীত পৰিবেশন কৰিছিল। এইসময়ত তেওঁ অভিযান্ত্ৰিক শিক্ষা সম্পূৰ্ণকৈ বাদ দি নৃত্য আৰু অভিনয়ত মনোনিবেশ কৰে। তেওঁ হিন্দী চলচ্চিত্ৰত অভিনয়ৰ সুযোগৰ আশাত মুম্বাইলৈ আহে আৰু নাদিৰা বব্বৰৰ থিয়েটাৰ দল 'একজোঁটে'ত যোগদান কৰে। তেওঁ প্ৰায় আঢ়ৈ বছৰ কাল একজোঁটে' থিয়েটাৰ গোষ্ঠীৰ লগত জড়িত আছিল। এই সময়ত তেওঁ নেছলে কোম্পানীৰ মাঞ্চ চকলেটৰ বিজ্ঞাপনত কাম কৰাৰ সুযোগ লাভ কৰিছিল। টেলিভিছন (২০০৮–১২) ২০০৮ চনত বালাজী টেলিফিল্মছৰ এটা দলে 'একজোঁটে'ৰ নাটকত সুশান্ত সিং ৰাজপুতৰ অভিনয় প্ৰতিভাৰ উমান পায়। তেওঁলোকে সুশান্তক ষ্টাৰ প্লাছত প্ৰচাৰিত 'কিচ দেশ মে হে মেৰা দিল' ধাৰাবাহিকৰ প্ৰীত জুনেজাৰ চৰিত্ৰৰ বাবে অডিছন দিবলৈ নিমন্ত্ৰণ জনায়। ২০০৯ চনত তেওঁ জী টিভিত প্ৰচাৰিত 'পৱিত্ৰ ৰিস্তা'ৰ মুখ্য চৰিত্ৰ মানৱ দেশমুখৰ চৰিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰে। এই ধাৰাবাহিকখন কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা অৰ্জন কৰে আৰু ৰাজপুতে টেলিভিছনৰ শ্ৰেষ্ঠ আৰু জনপ্ৰিয় অভিনেতাৰ তিনিটা মুখ্য বঁটা লাভ কৰে। ২০১০ চনত তেওঁ নৃত্য অনুষ্ঠান 'জৰা নাচ কে দিখা'ৰ দ্বিতীয় সংস্কৰণত যোগদান কৰে। ২০১০ চনৰ ডিচেম্বৰ মাহত তেওঁ অন্য এক নৃত্য অনুষ্ঠান 'ঝলক দিখ লা যা'ৰ চতুৰ্থ সংস্কৰণত অংশগ্ৰহণ কৰে। ২০১১ চনত তেওঁ বিদেশত চলচ্চিত্ৰ নিৰ্মাণৰ পাঠ্যক্ৰম অধ্যয়নৰ বাবে 'পৱিত্ৰ ৰিস্তা' এৰি দিয়ে। চলচ্চিত্ৰ (২০১৩ ২০২০) সুশান্ত সিং ৰাজপুতে চেতন ভগতৰ উপন্যাস 'দা থ্ৰি মিচটেকচ্ অফ মাই লাইফ'ৰ আধাৰত নিৰ্মিত অভিষেক কাপুৰৰ ছবি 'কাই প' ছে'ত ৰাজকুমাৰ ৰাও আৰু অমিত সাধৰ লগত অভিনয়ৰ সুযোগ লাভ কৰে। ছবিখনে দৰ্শকৰ যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। এই ছবিত কৰা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ নৱাগত শিল্পীৰ শিতানত মনোনীত হৈছিল। তাৰপিছত তেওঁক অভিনেত্ৰী বাণী কাপুৰ আৰু পৰিনীতি চোপ্ৰাৰ সৈতে মনিষ শৰ্মাৰ 'শুদ্ধ দেশী ৰোমাঞ্চ'ত দেখা গৈছিল। তাৰপিছত তেওঁ ২০১৪ চনৰ জনপ্ৰিয় ছবি ৰাজকুমাৰ হিৰাণীৰ 'পিকে'ত সহযোগী চৰিত্ৰত অভিনয় কৰে। ইয়াত তেওঁ আমিৰ খান আৰু অনুষ্কা শৰ্মাৰ সৈতে অভিনয় কৰিছিল। মুক্তি লাভৰ পিছত ছবিখনে সৰ্বসময়ৰ সৰ্বোচ্চ আয়ৰ ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম ছবি হিচাপে পৰিগণিত হয়। ২০১৫ চনত দিবাকৰ বেনাৰ্জীৰ 'ডিটেক্টটিভ ব্যোমকেশ বক্সি'ত তেওঁ বঙালী লেখক শৰদিন্দু বন্দ্যোপাধ্যায়ে সৃষ্টি কৰা কাল্পনিক চৰিত্ৰ ব্যোমকেশ বক্সিৰ চৰিত্ৰ ৰূপায়ণ কৰে। ২০১৬ চনত তেওঁ ক্ৰিকেট খেলুৱৈ মহেন্দ্ৰ সিং ধোনিৰ জীৱনৰ ওপৰত আধাৰিত নীৰজ পাণ্ডেৰ জীৱনীমূলক ক্ৰীড়া ছবি 'এম এছ ধোনি:দা আনটল্ড ষ্টৰী'ত ধোনিৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। ছবিখনে ২০১৬ চনৰ সৰ্বোচ্চ আয়ৰ ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম ছবি হিচাপে পৰিগণিত হয়। এই ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতাৰ শিতানত মনোনীত হৈছিল। ২০১৭ চনত তেওঁ অভিনেত্ৰী কীৰ্তি চেননৰ বিপৰীতে দীনেশ ভিজনৰ 'ৰাবতা'ত দেখা গৈছিল। ২০১৮ চনত তেওঁ চাৰা আলি খানৰ বিপৰীতে 'কেডাৰনাথ' ছবিত অভিনয় কৰিছিল। ২০১৯ চনত তেওঁ অভিষেক চৌবেৰ 'চনচিড়িয়া'ত ভূমি পেদনেকৰৰ লগত অভিনয় কৰে। একেবছৰে তেওঁ শ্ৰদ্ধা কাপুৰৰ বিপৰীতে নিতেশ তিৱাৰীৰ 'চিছ'ৰে'ত অভিনয় কৰিছিল। ব্যক্তিগত জীৱন সুশান্ত সিং ৰাজপুতে তেওঁৰ 'পৱিত্ৰ ৰিস্তা'ৰ সহ অভিনেত্ৰী অংকিতা লখণ্ডেৰ সৈতে সম্পৰ্কত আছিল। তেওঁলোকৰ ছয়বছৰীয়া সম্পৰ্ক ২০১৬ চনত যৱনীকা পৰে। মৃত্যু ২০২০ চনৰ ১৪ জুন তাৰিখে সুশান্ত সিং ৰাজপুতৰ মুম্বাইৰ বেন্দ্ৰাত অৱস্থিত তেওঁৰ নিজা এপাৰ্টমেণ্টত চিপজৰীলৈ থকা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। প্ৰাৰম্ভিক অনুসন্ধানত আৰক্ষীয়ে তেওঁ আত্মহত্যা কৰিছে বুলি জনায়। তেওঁ কেইবামাহ জুৰি হতাশগ্ৰস্ততাত ভুগি আছিল। মুম্বাই আৰক্ষী বিষয়া বিনয় চৌবেৰ মতে তেওঁৰ কোঠাৰ পৰা মেডিকেল প্ৰেছকিপচন উদ্ধাৰ কৰা হৈছে। ফিল্ম'গ্ৰাফী চলচ্চিত্ৰ দূৰদৰ্শন মিউজিক ভিডিঅ' বঁটা আৰু মনোনয়ন তথ্য উৎস বাহ্যিক সংযোগ বলিউদ হাংগামাত সুশান্ত সিং ৰাজপুত ভাৰতৰ ব্যক্তি ভাৰতীয় অভিনেতা ভাৰতীয় নৃত্যশিল্পী মৃত
63360
https://as.wikipedia.org/wiki/%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%A8%20%E0%A6%85%E0%A6%AA%E0%A6%BF%E0%A6%A8%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%A8
ইণ্ডিয়ান অপিনিয়ন
ইণ্ডিয়ান অপিনিয়ন হৈছে ভাৰতীয় নেতা মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা এখন বাতৰি কাকত। এই প্ৰকাশনটো গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত ৰাজনৈতিক আন্দোলনৰ বাবে আৰু বৰ্ণ বৈষম্যৰ সৈতে যুঁজ দিবলৈ আৰু দক্ষিণ আফ্ৰিকাৰ ভাৰতীয় অনুপ্ৰৱেশকাৰী সম্প্ৰদায়ৰ বাবে অসামৰিক অধিকাৰ লাভ কৰিবলৈ এক গুৰুত্বপূৰ্ণ সঁজুলি আছিল। ১৯০৪ চনৰ পৰা ১৯১৫ চনলৈকে এইখন চলিছিল। ইতিহাস ১৯ শতিকাৰ সময়ত ব্ৰিটিছ ৰাজপ্ৰধানৰ দ্বাৰা, যি দক্ষিণ আফ্ৰিকা আৰু ভাৰত দুয়োটা পৰিচালনা কৰিছিল, ভাৰতীয়সকলক আমদানিকৃত শ্ৰমিক হিচাপে দক্ষিণ আফ্ৰিকালৈ অনা হৈছিল। বিভিন্ন বহুজাতিক সম্প্ৰদায়ৰ কাষত, ভাৰতীয় সম্প্ৰদায়টো বৰ্ণবৈষম্য নীতিৰ দ্বাৰা প্ৰয়োগ কৰা গুৰুত্বপূৰ্ণ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক বৈষম্যত ভুগিছিল। ব'ৰ যুদ্ধৰ পিছত, গৱৰ্ণৰ জেনেৰেলজন স্মটছে ভাৰতীয় অনুপ্ৰৱেশকাৰী সম্প্ৰদায়ৰ অসামৰিক অধিকাৰৰ ওপৰত গুৰুত্বপূৰ্ণ নিষেধাজ্ঞা প্ৰৱৰ্তন কৰে, যাৰ দ্বাৰা আৰক্ষীক পৰোৱানা অবিহনে অনুসন্ধান, আক্ৰমণ আৰু আটক কৰাৰ ক্ষমতা প্ৰদান কৰা হয়। সকলো ভাৰতীয়ই সকলো সময়তে চিনাক্তকৰণ আৰু পঞ্জীয়ন কাৰ্ড বহন কৰিব লগা হৈছিল। নাটাল প্ৰদেশত উকীল হিচাপে কাম কৰি, গান্ধীয়ে ১৯০৪ চনত দক্ষিণ আফ্ৰিকাৰ ইউৰোপীয় সম্প্ৰদায়সমূহক ভাৰতীয় প্ৰয়োজনীয়তা আৰু বিষয়ৰ বিষয়ে শিক্ষিত কৰাৰ লক্ষ্যৰে প্ৰকাশনৰ আয়োজন কৰিছিল। নাটাল ভাৰতীয় কংগ্ৰেছ, তেওঁৰ গ্ৰাহক আৰু অন্যান্য উল্লেখযোগ্য ভাৰতীয়সকলৰ সমৰ্থনেৰে গান্ধীয়ে এটা সৰু কৰ্মচাৰী গোট আৰু প্ৰিণ্টিং প্ৰেছ প্ৰতিষ্ঠা কৰে। আন্তৰ্জাতিক ছপাশালৰ স্বত্বাধিকাৰী মদনজিত ভিয়াভাহাৰিক, আৰু প্ৰথম সংখ্যাটো ৪ জুন আৰু ৫ জুনৰ ভিতৰত প্ৰস্তুত কৰা হৈছিল, আৰু ১৯০৩ চনৰ ৬ জুন তাৰিখে মুক্তি দিয়া হৈছিল। বাতৰি কাকতখন গুজৰাটী, হিন্দী, তামিল আৰু ইংৰাজীত প্ৰকাশিত হৈছিল। নাটাল কংগ্ৰেছৰ সম্পাদক মানসুকলাল নাজাৰে ইয়াৰ সম্পাদক আৰু এজন মুখ্য আয়োজক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯০৪ চনত গান্ধীয়ে প্ৰকাশন কাৰ্য্যালয়টো ডৰবানৰ ওচৰত অৱস্থিত ফিনিক্সত তেওঁৰ বসতিলৈ স্থানান্তৰ কৰে। ফিনিক্সত, প্ৰেছ কৰ্মীসকল এক নতুন কৰ্মনীতিৰে নিয়ন্ত্ৰিত হৈছিল তেওঁলোকৰ সকলোৰে ভূমিত অংশ থাকিব, ফলত তেওঁলোকে শস্য উৎপাদন কৰিব পাৰিব আৰু তেওঁলোকে ইণ্ডিয়ান অপিনিয়ন প্ৰস্তুত কৰিবলৈ দলীয়ভাৱে কাম কৰিব। কাকতৰ সম্পাদকসকলৰ ভিতৰত আছিল হেবাৰ্ট কিটচিন, হেনৰী পোলাক, এলবাৰ্ট ৱেষ্ট, মণিলাল গান্ধী, কাকতৰ দীৰ্ঘসময়ৰ সম্পাদক (৩৬ বছৰ ধৰি), আৰু তেওঁৰ মৃত্যুৰ পিছত দায়িত্ব গ্ৰহণ কৰা মণিলালৰ পত্নী সুশীলা গান্ধী। ইয়াৰ এজন সম্পাদকক বাদ দি সকলোৱে কিছু সময় জেলত কটাইছিল। প্ৰতিবেদন ব্ৰিটিছ আইনৰ ওপৰত বিশ্বাস ৰাখি আৰু ব্ৰিটিছ বিষয়াসকলৰ শত্ৰুতা সৃষ্টি কৰিব নিবিচাৰি 'ইণ্ডিয়ান অপিনিয়ন' অতি মাৰ্জিত ভাষাৰে আৰম্ভ হৈছিল। অৱশ্যে, 'ইণ্ডিয়ান অপিনিয়ন'ত বিশেষকৈ আমদানিকৃত শ্ৰমিকসকলে কাম কৰা কদৰ্য পৰিস্থিতিৰ ওপৰত আলোকপাত কৰা হৈছিল। সম্পাদনাত এনে বৈষম্যমূলক আৰু কঠোৰ পৰিস্থিতিৰ মোকাবিলা কৰা হৈছিল য'ত আমদানিকৃত ভাৰতীয়সকলক নিয়োগ কৰা হৈছিল। নিয়োজনকাৰীসকলে কৰা কঠোৰ দমনৰ ঘটনাবোৰ ৰাজহুৱা কৰা হৈছিল আৰু আচৰিতভাৱে উচ্চ হাৰত ভাৰতীয়সকলৰ আত্মহত্যাৰ খবৰ ফঁহিয়াই দেখুৱাইছিল। ব্যৱস্থাটো শেষ কৰাৰ বাবে এক অভিযান আৰম্ভ কৰা হৈছিল আৰু গান্ধীৰ বন্ধু সম্পাদক হেনৰী পোলাকে সমৰ্থনৰ বাবে ভাৰতলৈ গৈছিল। ১৯০৬ চনৰ পৰা ই ৰাজ্যিক আইনক প্ৰত্যাহ্বান জনোৱাৰ এক বাহন হৈ পৰিছিল আৰু স্পষ্টভাৱে অন্যায় হৈ থাকোঁতে ইয়াত এইবোৰৰ প্ৰতি অবাধ্য হ'বলৈ তৰ্ক কৰা হৈছিল। ১৯০৬ চনৰ পৰা ১৯১৩ চনৰ ভিতৰত সত্যাগ্ৰহ অভিযানৰ সময়ত এই পৰম্পৰা আৰম্ভ হৈছিল, ট্ৰান্সভালত ভাৰতীয়সকলৰ ওপৰত প্ৰবেশ পত্ৰ জাৰী কৰাৰ প্ৰচেষ্টাৰ হেতু। বিষয়াসকলৰ পঞ্জীয়ন অভিযানক ধৰাশায়ী কৰাত কাগজখনে মৌলিক ভূমিকা পালন কৰিছিল। কাকতখনে স্থানীয় পঞ্জীয়ক আৰু নাটালৰ এজন আৰম্ভণিৰ ভাৰতীয় ফটোগ্ৰাফাৰ, ব্ৰায়ান গেব্ৰিলক দৃশ্যাৱলীৰ বাবে কৃতজ্ঞতা প্ৰদান কৰিছিল। উত্তৰাধিকাৰ 'ইণ্ডিয়ান অপিনিয়ন' আছিল ভাৰতৰ জনসাধাৰণৰ আগত উপনিৱেশসমূহৰ ভাৰতীয়ৰ বিষয়ে বাতৰি প্ৰকাশ কৰাৰ এক আহিলা। 'ইণ্ডিয়ান অপিনিয়ন'ৰ পৃষ্ঠাবোৰে অক্ষমতাৰ ভুক্তভোগী ভাৰতীয়সকলৰ এক মূল্যৱান ঐতিহাসিক ৰেকৰ্ড প্ৰদান কৰে। ই ভাৰতীয় সমাজৰ ৰাজনৈতিক জীৱনৰ এক অমূল্য দলিল। প্ৰকাশন আৰু দক্ষিণ আফ্ৰিকাৰ ৰাজনৈতিক সংগ্ৰামৰ সৈতে গান্ধীৰ অভিজ্ঞতা তেওঁৰ বাবে মূল্যবান প্ৰমাণিত হৈছিল যি ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত তেওঁৰ কামত সহায়ক হৈছিল। তেওঁ মন্তব্য কৰিছিল "সত্যাগ্ৰহ 'ইণ্ডিয়ান অপিনিয়ন' অবিহনে অসম্ভৱ নহ'লহেঁতেন।" ভাৰতত, তেওঁ 'ইয়ং ইণ্ডিয়া', 'হৰিজন', আৰু 'নৱজীৱন' প্ৰকাশ কৰিছিল। 'ইণ্ডিয়ান অপিনিয়ন' বহু দশক ধৰি প্ৰকাশ হৈ আছিল আৰু দক্ষিণ আফ্ৰিকাৰ বিস্তৃত নাগৰিক অধিকাৰ সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিন্তু ই মাত্ৰ সামাজিক সেৱাতে দায়বদ্ধ হোৱাৰ বাবে আৰু বাণিজ্যিক উদ্যোগ নোহোৱাত অসুবিধাৰো সন্মুখীন হৈছিল। তথ্যউৎস (1929) 2013. বাহ্যিক সংযোগ 1903-1914 1950-1961 1903 1909 1911. বাতৰি কাকত মহাত্মা
61649
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A7%81%E0%A7%B0%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A6%81%E0%A6%A6%20%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC
মুৰাৰিচাঁদ মহাবিদ্যালয়
মুৰাৰিচাঁদ মহাবিদ্যালয় ব্ৰিটিছ শাসিত অসমৰ প্ৰথম মহাবিদ্যালয় আৰু বৰ্তমানৰ বাংলাদেশৰ চিলেট ডিভিজনৰো ই প্ৰথম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। ই বাংলাদেশৰ সপ্তম পুৰণি মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ১৮৯২ চনত প্ৰতিষ্ঠা কৰা হৈছিল। তেতিয়াৰে পৰা এই প্ৰতিষ্ঠানখনে বৃহত্তৰ চিলেটৰ শিক্ষা, সংস্কৃতি আৰু ৰাজনৈতিক পৰিমণ্ডলৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। ইতিহাস মুৰাৰিচাঁদ মহাবিদ্যালয় স্থানীয় এক স্মৰণীয় ব্যক্তিত্ব চিলেটৰ ৰয়নগৰৰ ৰাজা গিৰিশ্চন্দ্ৰ ৰয়ে ১৮৯২ চনৰ ২৭ জুনৰ দিনা প্ৰতিষ্ঠা কৰিছিল। চাৰিজন শিক্ষক আৰু ওঠৰজন ছাত্ৰৰে আৰম্ভ কৰা মহাবিদ্যালয়খনৰ নামকৰণ মাতৃপক্ষৰ ককাক মুৰাৰিচাঁদ ৰয়ৰ নামেৰে কৰা হৈছিল আৰু ইয়াক বৰ্তমানৰ বন্দৰ বজাৰৰ ৰাজা জি.চি. ৰয় স্কুলৰ ওচৰতে স্থাপন কৰা হৈছিল। গিৰিশ্চন্দ্ৰ ৰয় বিধবা ব্ৰজ সুন্দৰী দেৱীৰ তোলনীয় পুতেক আছিল, ব্ৰজ সুন্দৰী আছিল জমিদাৰ বাবু মুৰাৰিচাঁদ ৰয়ৰ জীয়ৰী। প্ৰথম অৱস্থাত ই এখন ব্যক্তিগত পূঁজিৰে সঞ্চালিত মহাবিদ্যালয় আছিল আৰু মাথোঁ (কলা শাখাৰ প্ৰাক-স্নাতক) শ্ৰেণীহে খোলা হৈছিল। শিক্ষানুষ্ঠানখন চলাই ৰাখিবলৈ প্ৰয়োজন হোৱা ধন গিৰিশ্চন্দ্ৰ ৰয়ে যোগান ধৰিছিল। ১৯৯৭ৰ প্ৰলয়ংকৰী ভূমিকম্পত মহাবিদ্যালয়ৰ ভৱন ধ্বংস হৈছিল। ৰয়ৰ নিজৰো বিস্তৰ ক্ষতি হৈছিল। এই দুৰ্যোগে তেওঁক আৰ্থিকভাবে তেনেই নিশকতীয়া কৰিছিল। এই প্ৰতিষ্ঠানটোলৈ ধন যোগান ধৰা তেওঁৰ বাবে অসম্ভৱ হৈ পৰিল। সেয়েহে তেওঁ মহাবিদ্যালয়খন অধিগ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনালে। ৰয়ৰ মৃত্যুৰ পিছত ১৯০৮ চনত চৰকাৰে ইয়াক অধিগ্ৰহণ কৰিলে আৰু ই চৰকাৰী সাহাহ্যপ্ৰাপ্ত মহাবিদ্যালয়লৈ পৰিবৰ্তন হ'ল। ১৯১২ চনত অসম প্ৰদেশৰ চিফ কমিচনাৰ আৰ্চডেল আৰ্লেই ইয়াক সম্পূৰ্ণৰূপে চৰকাৰী প্ৰশাসনৰ আওতালৈ অনাৰ ঘোষণা কৰে। স্থানীয় ৰাইজে মহাবিদ্যালয়খন স্নাতক পৰ্যায়লৈ উন্নীত কৰি প্ৰথম শ্ৰেণীৰ মহাবিদ্যালয় ৰূপে গঢ় দিয়াৰ বাবে চৰকাৰক দাবী জনায়। নেতৃত্ব দিয়ে কাজী ইলিয়াচ, খান বাহাদুৰ আব্দুল মজিদ ওৰফে কাপ্তান মিঞা আদিয়ে। ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আৰ্চডেল আৰ্লেই প্ৰস্তাৱ দিয়ে যে স্থানীয় ৰাইজে যদি প্ৰথম দুবছৰলৈ মহাবিদ্যালয়খনৰ সমুদায় খৰচৰ আধা অংশ বহন কৰে, তেতিয়াহে চৰকাৰে ইয়াত স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰা তথা প্ৰথম শ্ৰেণীৰ মহাবিদ্যালয়লৈ উন্নীত কৰা সম্ভৱ হ’ব পাৰে। সেইমতে খান বাহাদুৰ আব্দুল মজিদৰ সভাপতিত্বত নলিনীকান্ত দস্তিদাৰ, মহম্মদ বখট মজুমদাৰ, বৈকুণ্ঠনাথ শৰ্মা, সুখময় শৰ্মা, প্ৰমোদচন্দ্ৰ দত্ত, সাৰদাচৰণ শ্যেম, ৰাধাবিনোদ দাম আৰু হৰেন্দ্ৰচন্দ্ৰ সিনহা, মুঠ নজন শিক্ষানুৰাগী হিতৈষীয়ে সভা পাতি টকাৰ যোগাৰ কৰিবলৈ গাত লয়। সেই অনুসৰি ১৮,০০০ টকাৰ বৰঙণি আগবঢ়োৱাত ১৯১৬ চনৰ জুলাইৰ পৰা স্নাতক পাঠ্যক্ৰম আৰম্ভ হয় আৰু ইয়াক প্ৰথম শ্ৰেণীৰ মহাবিদ্যালয়লৈ উন্নীত কৰা হয়। ১৯২১ চনত খান বাহাদুৰ আব্দুল মজিদ অসম প্ৰদেশৰ আইন সভাৰ সদস্য হয় আৰু শিক্ষা বিভাগৰ দায়িত্ব লাভ কৰে। দায়িত্ব লাভ কৰিয়ে শিক্ষানুষ্ঠানখনৰ উৎকৰ্ষ সাধনৰ বাবে নিজকে সমৰ্পন কৰে। তেতিয়ালৈকে মহাবিদ্যালয়খন গোৱিন্দচৰণ পাৰ্কৰ বাঁহ-খাগৰিৰ ঘৰতে চলি আছিল। তাত ঠাইৰ অকুলন হোৱাত তিনিমাইল দূৰৰ থেকাৰে টিলাৰ (বৰ্তমান টিলাগড়) ১৫০ একৰৰ আহল-বহল ভূমিলৈ স্থানান্তৰ কৰা হয়। তাত ১৯২১ চনৰ ১৯ আগষ্টত অসমৰ গৱৰ্ণৰ চাৰ উইলিয়াম মৰিছে নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰে আৰু ১৯২৫ৰ ২৭ জুলাইত নতুন চৌহদ উন্মোচন কৰে। ১৯৪৭ৰ দেশ বিভাজনৰ পূৰ্বলৈ ই কলকাতা বিশ্ববিদ্যালয়ৰ অধিভূক্ত আছিল। দেশ বিভাজনৰ পিছত ই ঢাকা বিশ্ববিশ্ববিদ্যালয়ৰ আৰু পৰৱৰ্তী পৰ্যায়ত চট্টগ্ৰামত বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাত চট্টগ্ৰাম বিশ্ববিদ্যালয়ৰ অধিভূক্ত হয়। সৰ্বশেষত ১৯৯২ চনত বাংলাদেশ জাতীয় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ পিছত দেশৰ সকলো মহাবিদ্যালয়ৰ দৰে মুৰাৰিচাঁদো জাতীয় বিশ্ববিদ্যালয়ৰ অধিভূক্ত হয়। আব্দুল খালিক চৌধুৰী (১৮৮৬-১৯৪৮) এই মহাবিদ্যালয়ৰ প্ৰথম মুছলমান ছাত্ৰ আছিল। তেওঁ ১৯২১ৰ পৰা ১৯৩৬লৈ অসম আইন সভাৰ সদস্য হোৱাৰ উপৰিও দক্ষিণ চিলেট লোকেল বোৰ্ড আৰু ঢাকা বিশ্ববিদ্যালয় চিণ্ডিকেটৰো সদস্য আছিল। ২০০১ চনত মহাবিদ্যালয়খনত ১৩০জন শিক্ষক আৰু ৬০০০জন ছাত্ৰ আছিল। হোষ্টেল ৭টা। নতুনকৈ ২টা হোষ্টেল নিৰ্মাণ কৰা হৈছে। আৱাসিক সা-সুবিধাৰ দিশেৰে মহাবিদ্যালয় পৰ্যায়ত ই বাংলাদেশৰ শীৰ্ষৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়খনৰ পুথিভঁৰালত প্ৰায় ১লাখ গ্ৰন্থ উপলব্ধ। বিভাগসমূহ কলা শাখা ইংৰাজী বাংলা ইতিহাস দৰ্শন উৰ্দু ইসলামীয় ইতিহাস আৰু সংস্কৃতি বিজ্ঞান শাখা উদ্ভিদ বিজ্ঞান ৰসায়ন বিজ্ঞান গণিত বিজ্ঞান পদাৰ্থ বিজ্ঞান মনোবিজ্ঞান প্ৰাণী বিজ্ঞান পৰিসংখ্যা বিজ্ঞান সমাজবিজ্ঞান শাখা অৰ্থনীতি ৰাজনীতি বিজ্ঞান সমাজতত্ত্ব উল্লেখনীয় প্ৰাক্তন ছাত্ৰ জয়ভদ্ৰ হাগজেৰ, ভাৰতৰ প্ৰাক্তন সাংসদ, অসম চৰকাৰৰ প্ৰাক্তন পশুপালন মন্ত্ৰী ময়নুল হক চৌধুৰী, অসম চৰকাৰৰ পশুপালন মন্ত্ৰী নিহাৰৰঞ্জন ৰয়, ভাৰতীয় বুৰঞ্জীবিদ শ্বাহ কবিৰা, অৰ্থনীতিবিদ তথা বাংলাদেশৰ প্ৰাক্তন মন্ত্ৰী দেৱান মহম্মদ আজৰাফ, বাংলাদেশৰ মন্ত্ৰী সনত ভট্টাচাৰ্য, ৰাষ্ট্ৰপতিৰ বঁটাপ্ৰাপক, নীলমণি হাইস্কুলৰ প্ৰধানশিক্ষক আলতাফ হুছেইন, (1965–68). চৈয়দ মনজুৰুল ইচলাম, মঃ আটাউল কৰিম, আব্দুল মালিক, আব্দুল মল আব্দুল মুহিত, নুৰুল ইচলাম নাহিদ, মঃ আব্দুল ৰব, চফিউৰ ৰহমান, মঃ ফৰাচ উদ্দিন, আবু তাহেৰ, মুফটি নুৰুন্নেচা খাতুন, খলিল উল্লা খান, চুলতান মহম্মদ মনচুৰ আহমেদ, তথ্য সংগ্ৰহ বাংলাদেশৰ শৈক্ষিক
4034
https://as.wikipedia.org/wiki/%E0%A6%B9%E0%A7%8B%E0%A6%AE%E0%A7%87%E0%A6%A8%20%E0%A6%AC%E0%A7%B0%E0%A6%97%E0%A7%8B%E0%A6%B9%E0%A6%BE%E0%A6%9E%E0%A6%BF
হোমেন বৰগোহাঞি
হোমেন বৰগোহাঞি ১৯৩২ ২০২১) অসমৰ এগৰাকী সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে অসম চৰকাৰে তেওঁলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়োৱাৰ উপৰিও অসম উপত্যকা সাহিত্য বঁটাকে ধৰি অসংখ্য বঁটা-বাহনেৰে তেওঁৰ অৱদানক স্বীকৃতি জনোৱা হৈছিল। 'পিতা-পুত্ৰ' গ্ৰন্থখনৰ বাবে বৰগোহাঞিক ১৯৭৮ চনত অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল যদিও তেওঁ ভাৰতীয় সমাজত সৃষ্টি হোৱা সহনশীলতাৰ অভাৱৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে, ২০১৫ চনত, এই বঁটা আৰু ইয়াৰ সৈতে প্ৰাপ্ত নগদ ধন ঘূৰাই দিছিল। হোমেন বৰগোহাঞিয়ে ২০০১ আৰু ২০০২ চনত দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। বিবাহসূত্ৰে তেওঁ অসমৰ আন এগৰাকী সাহিত্যিক নিৰুপমা বৰগোহাঞিৰ স্বামী আছিল আৰু দুয়ো একেলগে 'পুৱাৰ পূৰৱী সন্ধ্যাৰ বিভাস' নামৰ উপন্যাসখন লিখি উলিয়াইছিল। বৰগোহাঞিয়ে 'সাউদৰ পুতেকে নাও মেলি যায়', 'হালধীয়া চৰায়ে বাওধান খায়', 'অস্তৰাগ', 'পিতাপুত্ৰ', 'মৎসগন্ধা', 'তিমিৰ তীৰ্থ' আদি বহুকেইখন উপন্যাসৰ উপৰি কেইবাখনো আত্মজীৱনী, স্মৃতি-কথা, প্ৰবন্ধ-সংকলন, গল্প-সংকলনৰ উপৰি যথেষ্ট সংখ্যক কবিতা লিখিছে। বৰগোহাঞিৰ উপন্যাস 'হালধীয়া চৰায়ে বাওধান খায়'ৰ কাহিনীভিত্তিক জাহ্নু বৰুৱাৰ দ্বাৰা নিৰ্মিত একে নামৰ ছবিখনে ১৯৮৮ চনত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে আন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাও লাভ কৰিছিল। ২০১৫ চনৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ অসমীয়া দৈনিক কাকত নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁ নীলাচল, সাতসৰী, আমাৰ অসম, অসম বাণী, সূত্ৰধাৰ আদিকে ধৰি ভালেকেইখন কাকত-আলোচনীৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। অসমত গ্ৰন্থ আন্দোলনৰ হোতা স্বৰূপে হোমেন বৰগোহাঞিয়ে অৱদান আগবঢ়াইছিল। বিংশ শতিকাৰ শেষৰপৰা একবিংশ শতিকাৰ সময়ছোৱাত বহুখিনি কাম কৰি থৈ গৈছে। ‘যিবোৰ দেশত শিক্ষিতৰ সংখ্যা আৰু কিতাপৰ প্ৰচলন আটাইতকৈ বেছি সেইবোৰ দেশেই আজি পৃথিৱীৰ ভিতৰত আটাইতকৈ উন্নত দেশ বুলি পৰিগণিত হৈছে। অসমৰ মানুহেও যদি আধুনিক জগতৰ উন্নতিৰ প্ৰতিযোগিতাত সমানে ভাগ ল’ব খোজে তেন্তে তেওঁলোকে কিতাপক ভাল পাবলৈ শিকিব লাগিব আৰু নিয়মিতভাৱে কিতাপ পঢ়াৰ অভ্যাস কৰিব লাগিব। সাহিত্যৰ বিভিন্ন বিধাসমূহত সবলভাৱে আত্মপ্ৰতিষ্ঠা লাভ কৰাৰ সমান্তৰালভাৱে তেওঁ নিজৰ জীৱনটোকে ‘সাহিত্য ৰচনাৰ মূল বিষয়’ হিচাপে প্ৰতিষ্ঠা কৰিলে। ‘ধুমুহা আৰু ৰামধেনু’ৰ দ্বিতীয় খণ্ডত তেওঁ লিখিছে– ‘ক’বলৈ গ’লে যোৱা কুৰিবছৰমান ধৰি আত্ম-জীৱনীৰ বাহিৰে [সাংবাদিকতাক বাদ দি] আন একো মই লিখাই নাই। যোৱা কুৰিবছৰত মই আটাইতকৈ বেছি পৰিমাণে লিখিছো ব্যক্তিগত ৰচনা– যিবোৰত মই ঘাইকৈ নিজৰ কথাই লিখিছোঁ। ‘শ্ৰীময়ী’ আলোচনীৰ এটা সাক্ষাৎকাৰত বৰগোহাঞিয়ে তেওঁৰ লেখা সম্পৰ্কে এষাৰ কথা কৈছিল এনেদৰে–‘যদি কোনো কথা মই তীব্ৰভাৱে অনুভৱ নকৰোঁ মই লিখিব নোৱাৰোঁ। মোৰ লেখাত আন্তৰিকতা আৰু অনুভূতিৰ তীব্ৰতা সংপৃক্ত হৈ থাকে। জন্ম আৰু শিক্ষা ১৯৩২ চনৰ ৭ ডিচেম্বৰত, অসমৰ অবিভক্ত লখিমপুৰ জিলাৰ ঢকুৱাখনাত এটা আহোম পৰিয়ালত হোমেন বৰগোহাঞিৰ জন্ম হয়। পিতৃ ইন্দ্ৰধৰ বৰগোহাঞি আৰু মাতৃ আইতা বৰগোহাঞি। ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা ১৯৫০ চনত তেওঁ মেট্ৰিক পাছ কৰি কটন কলেজত ভৰ্তি হয়। ১৯৫২ চনত কটন কলেজৰপৰা আই.এছ.ছি. পৰীক্ষাত উৰ্ত্তীণ হয় আৰু ১৯৫৪ চনত ইংৰাজী বিষয়ত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰে। তেখেতে কটন কলেজৰ ছেকেণ্ড মেছ (বৰ্তমানৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাৱাস)-ত আছিল। হোমেন বৰগোহাঞিয়ে তেওঁৰ আত্মজীৱনীত নিজৰ ইচ্ছাৰ বিৰুদ্ধে বিজ্ঞানৰ শ্ৰেণীত ভৰ্তি হোৱা বুলি উল্লেখ কৰিছে। তেওঁ কৈছে, “নিজৰ ইচ্ছাৰ বিৰুদ্ধে মই বিজ্ঞানৰ শ্ৰেণীত ভৰ্তি হৈছিলোঁ। তাৰো কাৰণ আছিল একেটাই-জেদ।” কলেজীয়া শিক্ষা গ্ৰহণ কৰাৰ আগতে অৱতীৰ্ণ হোৱা প্ৰৱেশিকা পৰীক্ষাত ৰ ফলাফল আশানুৰূপ হোৱা নাছিল। তেওঁ প্ৰথম বিভাগতহে উত্তীৰ্ণ হৈছিল। পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ দিনা সংস্কৃত শিক্ষক লক্ষ্মীনাথ ফুকনে তেওঁক কলা শাখাত পঢ়িবলৈহে নিৰ্দেশ দিছিল। অৱশ্যে হোমেন বৰগোহাঞিয়ে মনে মনে কলা শাখাতে পঢ়িম বুলিয়েই ঠিক কৰি থৈছিল। কিন্তু শিক্ষকগৰাকীৰ কথা শুনি তেওঁ জেদতে বিজ্ঞান শাখাত পঢ়িবলৈ থিৰাং কৰিলে। তেওঁৰ ইণ্টাৰমিডিয়েট (আইএছচি) পৰীক্ষা ভাল হৈছিল। কিন্তু তেওঁ কৈছে, “…কিন্তু তাৰ কাৰণে কিছু মূল্য দিবলগীয়া হ'ল। কলেজৰ প্ৰথম দুটা বছৰ মোৰ কাৰণে খুব নিৰানন্দময় হৈ ৰ'ল।” ইয়াৰ পিছত তেওঁ তৃতীয় বাৰ্ষিকত নাম লগাঁৱতে ইংৰাজীত অনাৰ্ছ ল'লে আৰু বিজ্ঞান শাখাৰ পৰা কলা শাখালৈ আহিল। আত্মজীৱনী 'আত্মানুসন্ধান'ত কৈছে, “আৰ্টছলৈ আহি ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি অহাৰ নিচিনা বিৰাট স্বস্তি অনুভৱ কৰিলোঁ।” কৰ্মজীৱন আৰম্ভণিৰ কালছোৱা ১৯৫৫ চনত হোমেন বৰগোহাঞিয়ে প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হয় আৰু মাজুলীত উপ-প্ৰতি সমাহৰ্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ১৯৫৮ চনৰ পৰা ১৯৬০ চনলৈকে তেওঁ ছয়গাঁৱত উপ-প্ৰতি সমাহৰ্তাৰ দায়িত্বত থাকে। ১৯৬০-৬২ চনত তেওঁ গোৱালপাৰা মহকুমাৰ পৰিকল্পনা বিষয়া হিচাপে কৰ্মনিৰ্বাহ কৰে। ১৯৬৩-৬৫ চনত উত্তৰ লখিমপুৰত পৰিকল্পনা বিষয়া আৰু ১৯৬৫-৬৮ চনত যোৰহাটৰ পৰিকল্পনা বিষয়াৰ দায়িত্বত থাকে। ১৯৬৮ চনত চৰকাৰী চাকৰি পৰিত্যাগ কৰে আৰু সাপ্তাহিক নীলাচল কাকতত সম্পাদক হিচাপে সাংবাদিক জীৱন আৰম্ভ কৰে। আত্মজীৱনী 'ধুমুহা আৰু ৰামধেনু (দ্বিতীয় খণ্ড)'ত হোমেন বৰগোহাঞিয়ে লেখক জীৱন কবিতাৰ জৰিয়তে আৰম্ভ কৰা বুলি মন্তব্য কৰিছে। পঞ্চম-সপ্তম শ্ৰেণীত পঢ়ি থকাৰ কালতে মাধৱ বেজবৰুৱা সম্পাদিত বাঁহী আলোচনীত তেওঁৰ কবিতা প্ৰকাশ পাইছিল। ডিব্ৰুগড় চৰকাৰী হাইস্কুলত দশম শ্ৰেণীৰ ছাত্ৰ হৈ থকাৰ কালত হেম বৰুৱাৰ সম্পাদনাত 'পছোৱা' নামৰ অসমীয়া আলোচনী এখন ওলাইছিল। সেইখন আলোচনীলৈ তেওঁ 'কুশল কোঁৱৰ' নামৰ কবিতা এটা লিখি প্ৰেৰণ কৰিছিল। কবিতাটো প্ৰকাশ হৈছিল। অসমৰ কবি নৱকান্ত বৰুৱাই সীমা দত্ত ছদ্মনামেৰে মাধৱ বেজবৰুৱা সম্পাদিত বাঁহীত লিখা কবিতাই হোমেন বৰগোহাঞিক প্ৰভাৱিত কৰিছিল বুলি তেওঁ আত্মজীৱনীত মন্তব্য কৰিছে। তেখেতে লিখিছে, “…একমাত্ৰ সীমা দত্তৰ কবিতাবোৰ মই উৰাই-ঘূৰাই বহুবাৰ পঢ়িছিলো, আৰু সেই কবিতাবোৰৰ মাজতে অসমীয়া কবিতাৰ ঋতু-পৰিৱৰ্তনৰ প্ৰথম পূৰ্বাভাস মই পাইছিলো।” নৱকান্ত বৰুৱাৰ উপৰি অসমীয়া কবি অজিৎ বৰুৱাৰ কাব্যই বৰগোহাঞিক প্ৰভাৱিত কৰিছিল। ১৯৫৭ চনত বৰগোহাঞিৰ প্ৰথমটি গল্প সংকলন 'বিভিন্ন কোৰাছ' প্ৰকাশ হয়। সাহিত্য-সংবাদ জীৱন বৰগোহাঞিয়ে সাংবাদিক জীৱনৰ পাতনি মেলিছিল মালিগাঁৱৰপৰা প্ৰকাশিত দেৱেন্দ্ৰনাথ শৰ্মাৰ দ্বাৰা প্ৰকাশিত অসমীয়া কাকত ‘দৈিনক শান্তিদূত’ৰ জৰিয়তে। তেওঁ এই কাকতখনত ৪৫ দিন কাম কৰিছিল। এই কথা তেওঁ ‘মোৰ সাংবাদিক জীৱন’ (প্ৰথম খণ্ড) গ্ৰন্থত উল্লেখ কৰি গৈছে। ১৯৬০ চনৰ ১ নৱেম্বৰৰপৰা চন্দ্ৰপ্ৰসাদ শইকীয়া সম্পাদিত ‘অসম বাতৰি’ কাকতত প্ৰবন্ধ লিখাৰ কাম-কাজ আৰম্ভ কৰে। ১৯৬৮ চনত চৰকাৰী চাকৰিৰপৰা ইস্তফা দি সাপ্তাহিক নীলাচল' নামে এখন সাপ্তাহিক কাকত আৰম্ভ কৰে আৰু কাকতখনৰ সম্পাদকৰ দায়িত্ব লয়। ১৯৭৭ চনলৈকে নীলাচলৰ সম্পাদকৰ দায়িত্ব লোৱাৰ লগতে একেটা বৰ্ষতে ‘সাপ্তাহিক নাগৰিক’ নামৰ কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰে। পৰৱৰ্তী ১৯৮০ চনত 'লোকায়ত' কাকতৰ সম্পাদকৰ দায়িত্ব লয়। ১৯৮১ চনত কলকাতাৰপৰা প্ৰকাশিত বঙালী ভাষাৰ কাকত 'আজকাল'ৰ তেওঁ আছিল উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষ প্ৰতিনিধি। ইয়াৰ পাছতে তেওঁ ১৯৮৭ চনত'সমকাল' আৰু ১৯৮৯ চনত'সূত্ৰধাৰ' আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰে আৰু ১৯৯১ চনত কিশোৰ-কিশোৰীৰ বাবে প্ৰকাশিত 'কিশোৰ' আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব লয়। ১৯৯৩ চনত তেওঁ সাপ্তাহিক কাকত 'অসম বাণী' সম্পাদনাৰ দায়িত্ব লয় আৰু ১৯৯৭ চনত 'আমাৰ অসম' কাকতৰ সম্পাদকৰূপে দায়িত্ব ভাৰ গ্ৰহণ কৰে। ২০০৪ চনত আমাৰ অসম এৰি 'দৈনিক বাতৰি' কাকতৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব লয়। ২০০২ চনত তেওঁ উৎকৃষ্ট সংবাদ সেৱাৰ বাবে ‘জয়কৃষ্ণ ৰামদয়াল সমন্বয় বঁটা’ লাভ কৰে। ২০০৪ চনত তেওঁ ‘আমাৰ অসম’ কাকতৰ দায়িত্ব বাদ দিয়ে। ২০০৫ চনৰপৰা তেওঁ বৌদ্ধিক আলোচনী 'সাতসৰী'ৰো সম্পাদক আছিল। ২০১৫ চনত তেওঁ নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য সম্পাদকৰ দায়িত্ব লয় আৰু মৃত্যু পৰ্যন্ত এই কাকতখন চলায়। বৰগোহাঞি আছিল অসমীয়া প্ৰতিদিন কাকতৰো স্তম্ভলেখক। তেওঁ নিউজ লাইভ’ত ‘মুখামুখি’ শীৰ্ষক এটা অনুষ্ঠান চলোৱাৰ লগতে পৰৱৰ্তী সময়ত একেটা চেটেলাইট চেনেলতে ‘কথা-বাৰ্তা’ নামৰ এটি অনুষ্ঠান চলাইছিল। হোমেন বৰগোহাঞিয়ে মুঠ চুটিগল্প লিখিছে ৩৫ টা। উল্লেখযোগ্য যে প্ৰতিটো গল্পৰ পৰিস্থিতি, পৰিৱেশ আৰু বিষয়বস্তু সম্পূৰ্ণ বেলেগ। আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাৰ উদ্যোগত ৬টা খণ্ডত অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰকাশৰ প্ৰকল্প লোৱা হৈছিল। ইয়াৰে ৬ষ্ঠ অৰ্থাৎ অন্তিম খণ্ডটোৰ সম্পাদক আছিল হোমেন বৰগোহাঞি। লক্ষণীয় যে সেই ৬টা খণ্ডৰ ৬ষ্ঠ খণ্ডটোহে প্ৰথমে প্ৰকাশ হৈছিল যিটোৱে বৰগোহাঞিৰ কৰ্মতৎপৰতাক সূচায়। ষ্টুডেণ্টছ ছৰ সৈতে সম্পৰ্ক ১৯৮৭ চনত ষ্টুডেণ্টছ ছ প্ৰকাশনৰ সৈতে হোমেন বৰগোহাঞিৰ প্ৰথম সম্পৰ্ক হৈছিল। এই সম্পৰ্কৰ শুভাৰম্ভ হৈছিল সাউদৰ পুতেকে নাও মেলি যায় শীৰ্ষক উপন্যাসখনিৰে। তেতিয়াৰে পৰা জীৱনৰ অন্তিম সময়লৈকে বৰ্তি থকা সুদীৰ্ঘ ৩৪ বছৰজোৰা সম্পৰ্কৰ কথা সুঁৱৰি প্ৰকাশনৰ প্ৰধান সদস্য অজয় কুমাৰ দত্ত আৰু মৃত্যুঞ্জয় কুমাৰ দত্তই তেখেতৰ মৃত্যুৰ পাছত এনেদৰে লিখিছিল, “ইখনৰ পিছত সিখনকৈ প্ৰতিবছৰে নতুন নতুন কিতাপৰ পাণ্ডুলিপি আমাক দি যাবলৈ ধৰিলে। লাহে লাহে তেখেতৰ লগত আমাৰ সম্পৰ্ক গাঢ় হৈ আহিল। কঠোৰ ব্যক্তিত্বৰ আঁৰত থকা কোমল অন্তৰৰ মানুহজনক আমি ভালদৰে বুজি উঠিলোঁ। তেখেতৰ ওপৰত আমাৰ তাগিদা দিনকদিনে বাঢ়ি গ'ল। পাঠক সমাজেও প্ৰতিবছৰতেই বিচৰা হ'ল হোমেন বৰগোহাঞিৰ এখন নতুন কিতাপ। এটা কথা উল্লেখ কৰিব খুজিছোঁ যে মানুহে সততে কোৱা ‘হোমেন বৰগোহাঞি মানেই ষ্টুডেণ্টছ ছ’ শীৰ্ষক মন্তব্যষাৰ শুনিলেই আমি অজান পুলক আৰু গৌৰৱত আহ্লাদিত হওঁ, নিজকে পৰম ধন্য যেন অনুভৱ কৰোঁ।” ৩৪টা বছৰত হোমেন বৰগোহাঞিৰ সৰ্বমুঠ ৯৩খন গ্ৰন্থ ষ্টুডেণ্টছ ছ প্ৰকাশনৰ পৰাই প্ৰকাশ পাইছে। ইয়াৰে মৌলিক গল্প, উপন্যাস, কবিতা, প্ৰবন্ধ আৰু জীৱনী গ্ৰন্থৰ সংখ্যা ৭৮খন, যুটীয়াভাৱে সম্পাদিত গ্ৰন্থ ১৪খন আৰু এখন অনূদিত জাৰ্মান গল্পৰ সংকলন। ইয়াৰে আটাইতকৈ শেষত প্ৰকাশ কৰা গ্ৰন্থখন হৈছে 'অসম্ভৱক সম্ভৱ কৰাৰ সাধনা', যিখন বৰগোহাঞিয়ে লিখি শেষ কৰিছিল ২০২০ চনৰ ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ লকডাউনৰ সময়ত। কিতাপখন প্ৰকাশ হৈছিল লকডাউনৰ অন্তত। ১৯৯১ চনত তেওঁ ষ্টুডেণ্টছ ছক বিভিন্ন বিষয়ৰ কিতাপ-পত্ৰ প্ৰকাশ কৰাৰ লগতে জ্ঞান-বিজ্ঞানৰ নিত্যনতুন বতৰাৰে বিশেষকৈ কিশোৰসকলৰ বাবে এখন মাহেকীয়া আলোচনীৰ পৰামৰ্শ আগবঢ়ায়। ফলস্বৰূপে সেই বছৰেই ছেপ্টেম্বৰত তেখেতৰ অবৈতনিক সম্পাদনাত আলোচনীখনৰ প্ৰথম বছৰ প্ৰথম সংখ্যা প্ৰকাশ পায়। কিশোৰচামক জ্ঞানদানৰ উদ্দেশ্য কৰি উলিওৱাৰ বাবে বৰগোহাঞিয়ে আলোচনীখনৰ নাম দিছিল 'কিশোৰ'। সবিতা লহকৰ, বিপুলজ্যোতি শইকীয়া আৰু ৰবীন বৰুৱাই ইয়াত সহকাৰী সম্পাদকৰূপে কাম কৰিছিল। ব্যৱস্থাপনাৰ অসুবিধাত কেইমাহমান চলাৰ পিছতে আলোচনীখনৰ ছপা বন্ধ হয়। দূৰদৰ্শন ব্যক্তিগত বাতৰি চেনেল নিউজ লাইভৰ জৰিয়তে পৰিচালনা কৰা সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান 'হোমেন বৰগোহাঞিৰ সৈতে মুখামুখি'ৰ বৰগোহাঞি আছিল আঁত-ধৰোঁতা। উল্লেখযোগ্য যে এই অনুষ্ঠানটোৰ প্ৰায় সকলো আলোচনা সন্নিৱিষ্ট কৰি 'মুখামুখি' নামেৰে এখন কিতাপো প্ৰকাশ পাইছে। নিউজ লাইভৰ 'কথা-বাৰ্তা' অনুষ্ঠানৰো মুখ্য আকৰ্ষণ আছিল বৰগোহাঞি। নিজৰ উপন্যাস সম্পৰ্কে অভিমত ১৯৯২-৯৩ চনত যোৰহাট মহাবিদ্যালয়ৰ আলোচনীৰ লগত হোৱা এক সাক্ষাৎকাৰত হোমেন বৰগোহাঞিক তেখেতৰ জীৱনৰ শ্ৰেষ্ঠ সৃষ্টি সম্পৰ্কে এটা প্ৰশ্ন সোধা হৈছিল। উত্তৰত প্ৰসংগক্ৰমে তেখেতে উল্লেখ কৰে যে, ব্যক্তিগত জীৱন ১৯৫৮ চনত তেওঁ নিৰুপমা তামোলীৰে সৈতে বিবাহপাশত আবদ্ধ হয়। নিৰুপমা তামোলী, পাছলৈ নিৰুপমা বৰগোহাঞি, এগৰাকী জনপ্ৰিয় লেখিকা। তেওঁ নাৰীবাদী লেখাৰ বাবে বিখ্যাত। তেওঁলোকৰ দুটি সন্তান অনিন্দ্য বৰগোহাঞি আৰু প্ৰদীপ্ত বৰগোহাঞি। ১৯৭৭ চনৰপৰা বৰগোহাঞি দম্পতী পৃথকে থাকিবলৈ লয়। প্ৰদীপ্ত বৰগোহাঞি হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা আৰু তেওঁ তেওঁৰ পিতৃৰ কেইবাখনো ৰচনাৰাজী ইংৰাজী ভাষালৈ অনুবাদ কৰিছে। সেইসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে ২০১৭ চনত প্ৰকাশিত 'দ্য কালেক্টেড ৱৰ্কছ্ অফ হোমেন বৰগোহাঞি', য'ত সন্নিবিষ্ট হৈছে বৰগোহাঞিৰ কেইবাটাও ছুটিগল্প আৰু উপন্যাস। হোমেন বৰগোহাঞিয়ে এটা সাক্ষাৎকাৰত গণতন্ত্ৰত বিশ্বাসী বুলি জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে, “প্ৰত্যেকটো ৰাজনৈতিক দৰ্শনতে কিছু ভাল কথা থাকে বুলি মই অনুভৱ কৰোঁ। মই সেই ভালখিনি আহৰণ কৰি এটা গঢ়াৰ ওপৰত বিশ্বাস কৰোঁ।” বৰগোহাঞি সম্পৰ্কে বিভিন্নজনৰ মতামত গৰীয়সী আলোচনীয়ে বিংশ শতাব্দীৰ শ্ৰেষ্ঠ অসমীয়া বিশ গৰাকীৰ মাজত হোমেন বৰগোহাঞিক স্থান দিছে। ‘কথা-বৰেণ্য’ গ্ৰন্থত কুৰি শতিকাৰ ৭৫ গৰাকী শ্ৰেষ্ঠ অসমীয়াৰ সাহিত্যিক-শিল্পীৰ মাজত প্ৰথম ১০ গৰাকীৰ ভিতৰতে হোমেন বৰগোহাঞিক স্থান দিছে। নগেন শইকীয়াই বৰগোহাঞিৰ বিষয়ে লিখিছে– ‘সাম্প্ৰতিক কালৰ অসমৰ বৰগোহাঞি হ’ল এগৰাকী গুৰুত্বপূৰ্ণ আৰু সৃষ্টিশীল, সমাজ সচেতন লেখক, সাংবাদিক, প্ৰখৰ বুদ্ধিদীপ্ত, যুক্তিবাদী, সাহসী, শক্তিশালী গদ্যলেখক আৰু এগৰাকী জাতীয় চেতনাসম্পন্ন আৰু একে সময়তে গভীৰ মানৱতাবাদী ব্যক্তি। প্ৰশাসনিক বিষয়াৰ লোভনীয় চাকৰি এৰি সাংবাদিক আৰু সাহিত্য কৰি জীৱন কটাম বুলি ভবাটোৱেই বৰগোহাঞিৰ জীৱনৰ আটাইতকৈ চেলেঞ্জিং কৰ্ম ৰূপে আজিৰ তাৰিখত আমি অনুভৱ কৰোঁ। অজিৎ বৰুৱাই সেয়েহে বৰগোহাঞিৰ বিষয়ে কৈছিল– ‘সাহিত্য সাধনা আমিও কৰোঁ, কিন্তু তাৰ নামত জীৱনটোক উছৰ্গা কৰাৰ সাহ দেখুৱালে কেৱল বৰগোহাঞিয়ে। তেওঁ মোৰ প্ৰিয়তম লেখক নহ’ব পাৰে, কিন্তু অসমৰ দৰে পৰিৱেশত সাহিত্যৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু সততা দেখি তেওঁৰ প্ৰতি শ্ৰদ্ধাত মোৰ শিৰ দোঁ খাই যায়। ময়ূৰ বৰাই বৰগোহাঞিৰ সম্পৰ্কে লিখিছে- ‘প্ৰায় পাঁচটা দশকতকৈও অধিক কালজুৰি সক্ৰিয় সাংবাদিকতা কৰা হোমেন বৰগোহাঞিৰ উজ্জ্বল কীৰ্তি আছিল উদীয়মান লেখকসকলক জনোৱা উৎসাহ আৰু অনুপ্ৰেৰণা। অসমৰ বৰ্তমানৰ সাহিত্য-সাংবাদিকতাৰ ক্ষেত্ৰখনত তেখেতৰ দ্বাৰা আৱিষ্কৃত আৰু অনুপ্ৰাণিত অসংখ্য বিখ্যাত লোক আছে। তাৰ অধিকাংশ লোকেই আজিও তেখেতে যোগোৱা অনুপ্ৰেৰণাৰ কথা সোঁৱৰে। মৃত্যু ২০২১ চনৰ ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ দ্বিতীয় ঢৌত তেওঁ আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হয় আৰু ৭ মে' তাৰিখে চিকিৎসালয়ৰপৰা ক'ভিড মুক্ত হৈ স্বগৃহলৈ ওভতে যদিও ১২ মে'ৰ পুৱতি নিশা ৩ বজাত তেওঁ বিছনাৰ পৰা ঢলি পৰে। স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ৬:১৫ বজাত গুৱাহাটীৰ জিএনআৰচি হস্পিতালত ভৰ্তি কৰোৱা হয় আৰু তাতে ৬:৫৮ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ অসমীয়া বাতৰি কাকত 'নিয়মীয়া বাৰ্তা'ৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ। বৰগোহাঞিৰ মৃত্যুৰ প্ৰতি সন্মান জনাই ‘সাতসৰী’ আলোচনীয়ে ২০২১ চন, জুলাই মাহ, দ্বাদশ সংখ্যাটো হোমেন বৰগোহাঞিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি সংখ্যা হিচাপে প্ৰকাশ কৰিছে। সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে ‘অসমত যোৱা দুটা দশক একপ্ৰকাৰ হোমেন বৰগোহাঞিৰ বৌদ্ধিক দখলত আছিল বুলিলেও বঢ়াই কোৱা নহ’ব’ বুলি সাতসৰীৰ সম্পাদকীয়ত উল্লেখ কৰিছে। পূজাৰীয়ে লিখিছে– ‘হোমেন বৰগোহাঞিৰ জীৱনৰ দুটা বৈশিষ্ট্য লক্ষণীয়। এক, নিঃসংগ জীৱনক গ্ৰহণ কৰি বহিৰ্মুখী সমাজ, প্ৰকৃতি বিশ্লেষণ। দুই, প্ৰজন্ম নিৰ্মাণৰ উদ্দেশ্য আগত ৰাখি সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰ দুখনক পূৰ্ণৰূপে ব্যৱহাৰ কৰাত তেখেত সমৰ্থ হৈছিল। সেইদৰে সম্পাদকীয়ৰ শেষৰফাল তেওঁ লিখিছে– ‘হোমেন বৰগোহাঞিৰ ব্যতিক্ৰমী ভাবদৰ্শনে তেওঁক এজন দাৰ্শনিক কবি কৰিয়েই ৰখিলে। সেইবাবে বৰগোহাঞি যুগদ্ৰষ্টা, যুগস্ৰষ্টা। এনে এজন বিদ্বৎ অসমীয়া জাতিটোৰ বাবে গৌৰৱ আৰু বিনম্ৰ অহংকাৰ হৈ চিৰশাশ্বত হৈ ৰ’ব। ‘সাতসৰী’ৰ প্ৰতিষ্ঠাপক সম্পাদক হোমেন বৰগোহাঞিৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি ‘সাতসৰী’ৰ এই বিশেষ সংখ্যাৰেই জনাইছোঁ। ‘প্ৰকাশ’ আলোচনীয়েও ২০২১ চনৰ জুন সংখ্যাটো হোমেন বৰগোহাঞি শ্ৰদ্ধাঞ্জলি সংখ্যা হিচাপে প্ৰকাশ কৰিছে। সাহিত্যিক অৱদান উপন্যাস সাউদৰ পুতেকে নাও মেলি যায়,১৯৮৭ পিতা-পুত্ৰ, ১৯৭৫ নিঃসঙ্গতা, ২০০০ হালধীয়া চৰায়ে বাওধান খায়, ১৯৭৩ অস্তৰাগ, ১৯৮৬ দুখন ৰাজনৈতিক উপন্যাস: কুশীলৱ,১৯৭০, তিমিৰ তীৰ্থ,১৯৭৫ এদিনৰ ডায়েৰী,২০০৩ বিষণ্ণতা, ২০০২ সুবালা, ১৯৬৩ মৎস্যগন্ধা, ১৯৮৭ তান্ত্ৰিক, ১৯৬৭ কবিতা পুথি হৈমন্তী, ১৯৮৭ গল্প বিভিন্ন নৰক, ১৯৫৭ মোৰ প্ৰিয় পাঁচটা জাৰ্মান গল্প (অনূদিত) প্ৰেম আৰু মৃত্যুৰ কাৰণে, ১৯৫৮ স্বপ্ন, স্মৃতি আৰু বিষাদ, ১৯৬৭ গল্প আৰু নক্সা, ১৯৬৬ অস্তিত্বৰ জোতিৰ্ময় চেতনা, সম্পা. তীৰ্থ ফুকন, প্ৰবন্ধ সংকলন উচ্চাকাংক্ষা,১৯৯৯ প্ৰজ্ঞাৰ সাধনা, ১৯৯৪ আমাক কিতাপ লাগে, ১৯৯৩ কিতাপ পঢ়াৰ আনন্দ, ১৯৯১ কাম কৰাৰ আনন্দ, ২০০৭ জীৱনৰ মধুৰতম সময়, ২০০৮ সুখ-দুখ, ১৯৯২ স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম, ২০০৮ আত্ম দীপো ভৱ, ১৯৯৬ অন্তহীন প্ৰেৰণা, ১৯৯৪ আনন্দ আৰু বেদনাৰ সন্ধানত, ২০০৮ বিপদৰ বন্ধু, ২০০৩ জীৱনৰ সাধনা, ১৯৯৪ মানুহ হোৱাৰ গৌৰৱ, ১৯৯৪ সুস্থ দেহত সুস্থ মন, সাৰাংশ, মই যেতিয়া ক্লান্ত হওঁ, ২০০৭ ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা, ২০০৯ আধুনিক যুগৰ জন্ম কাহিনী, ১৯৮৯ মোৰ জীৱনত ঈশ্বৰ, মোৰ টোকাবহীৰ পৰা, আশীৰ দশকৰ দস্তাবেজ, ২০০১ বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি, ২০০০ শৰীৰ আৰু হৃদয়, গদ্যৰ সাধনা, ১৯৯৫ পাঠকৰ টোকাবহী, ১৯৯৩ জিজ্ঞাসা, ১৯৮০ স্বৰ্গ আৰু নৰক, ১৯৮৭ হৃদয়ৰ মানচিত্ৰ, ১৯৭৯ সৰল জীৱন সুখী জীৱন, ২০১৭ অসম্ভৱক সম্ভৱ কৰাৰ সাধনা, ২০২০ জীৱনীমূলক গ্ৰন্থ বেঞ্জামিন ফ্ৰেংকলিন, ১৯৯৬ অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ, ১৯৯৪ মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ, ১৯৯৪ ডাৰউইন, ২০০৪ পোহৰৰ সাধনা, ১৯৯৮ সোণাৰাম চুতীয়া: এজন অসাধাৰণ সাধাৰণ মানুহ আত্মজীৱনীমূলক ধুমুহা আৰু ৰামধেনু (তিনিটা খণ্ডত সমাপ্ত আত্মজীৱনীৰ '১ম খণ্ড',১৯৯৭ আৰু '২য় খণ্ড', ১৯৯৮) আত্মানুসন্ধান, ১৯৮৮ মোৰ সাংবাদিক জীৱন, ১৯৮৯ মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ, ২০০৬ জীৱন সুন্দৰ আৰু ভয়ংকৰ, ২০১৩ অন্যান্য মোৰ যৌৱনৰ ৰামধেনু (গল্প আৰু কবিতা), ২০০৯ বিংশ শতাব্দীৰ সন্ধানত (সম্পা:), ১৯৯৪ কিশোৰ সাৰথি (দহখন কিশোৰ গ্ৰন্থৰ একত্ৰ সংকলন), ২০১০ সম্পাদিত আলোচনী আৰু কাকত আমাৰ অসম অসম বাণী নীলাচল সূত্ৰধাৰ নাগৰিক সাতসৰী নিয়মীয়া বাৰ্তা উল্লেখযোগ্য বঁটা আৰু স্বীকৃতি সাংবাদিকতাৰ লগতে সাহিত্য ক্ষেত্ৰত আগবঢ়োৱা অসামান্য অৱদানৰ বাবে বৰগোহাঞিয়ে তেওঁৰ জীৱনকালতে অলেখ বঁটা-বাহন আৰু স্বীকৃতি লাভ কৰিছিল। ১৯৭৮ চনত, 'পিতা-পুত্ৰ' উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা ১৯৯২ চনত, মেগৰ শৈক্ষিক ন্যাসে প্ৰদান কৰা অসম উপত্যকা সাহিত্য বঁটা ২০০০ চনত, অসম সাহিত্য সভাৰ কৃতী সাংবাদিকৰ 'লক্ষ্মীনাথ ফুকন বঁটা' ২০০২ চনত, উৎকৃষ্ট সাংবাদিকতাৰ বাবে 'জয়কৃষ্ণ ৰামদয়াল (দিল্লী) সমন্বয় বঁটা' নীলমণি ফুকন বঁটা অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা তেখেতে ২০০১ আৰু ২০০২ চনৰ অসম সাহিত্য সভাৰ ক্ৰমে ডিব্ৰুগড় আৰু কলগাছিয়াৰ অধিৱেশনত সভাপতিৰ আসন অলংকৃত কৰিছিল মৎসেন্দ্ৰ নাথ বঁটা ২০১৯ চনত, সাহিত্য আৰু সংবাদ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে সাদিন-প্ৰতিদিন গোষ্ঠীয়ে আগবঢ়োৱা 'জীৱনজোৰা সাধনা বঁটা' ২০২১ চনৰ পৰা প্ৰতি বছৰে ৭ ডিচেম্বৰ তাৰিখে হোমেন বৰগোহাঞিৰ জন্মদিনত অসম চৰকাৰে তেওঁৰ নামত সাহিত্যিক পেঞ্চন প্ৰদান কৰাৰ কথা ঘোষণা কৰে। বৰগোহাঞিৰ গৃহ চহৰ ঢকুৱাখানাৰ 'হোমেন বৰগোহাঞি ট্ৰাষ্টে' প্ৰতিবছৰে বৰগোহাঞিৰ নামত 'হোমেন বৰগোহাঞি সাহিত্য বঁটা' প্ৰদান কৰে। ২০১৯ চনত জীৱনীকাৰ, অনুবাদক আৰু ঔপন্যাসিক শৰ্মিষ্ঠা প্ৰীতমে এই বঁটা লাভ কৰিছে। অভিযোজন হোমেন বৰগোহাঞিৰ কেইবাখনো উপন্যাস চলচ্চিত্ৰায়ণ তথা মঞ্চস্থ কৰা হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে হালধীয়া চৰায়ে বাওধান খায়ৰ ভিত্তিত জাহ্নু বৰুৱাৰ পৰিচালনা কৰা একে নামৰ হালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)। ইন্দ্ৰ বণিয়া অভিনীত এই চলচ্চিত্ৰখনে ১৯৮৮ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰাৰ লগতে আন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাও লাভ কৰিছিল। ২০০০ চনত মৎস্যগন্ধাৰ আধাৰত সঞ্জীৱ হাজৰিকাই নিৰ্মাণ কৰা একে নামৰ ছবিখনে ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিব সক্ষম হৈছিল। মৎস্যগন্ধাৰ মঞ্চ অভিযোজনও কৰা হৈছে। ২০১৯ চনৰ অসমীয়া ভাষাৰ এন্থলজী ছবি 'যি গল্পৰ শেষ নাই'ৰ এটা খণ্ডৰ ভিত্তি আছিল বৰগোহাঞিৰ 'এপিটাফ' নামৰ চুটিগল্পটো; পৰিচালনা কৰিছিল প্ৰশান্ত শইকীয়াই। ২০২০ চনত মুন্না আহমেদে সুবালা উপন্যাসৰ ভিত্তিত নিৰ্মাণ কৰে উৰ্মিলা মহন্ত অভিনীত একে নামৰ চলচ্চিত্ৰখন। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ অসমৰ ব্যক্তি মৃত ব্যক্তি ক'ভিড-১৯ বৈশ্বিক মহামাৰীত মৃত্যু হোৱা ব্যক্তি অসমীয়া কবি অসমীয়া ঔপন্যাসিক অসমীয়া প্ৰবন্ধকাৰ অসমীয়া গল্পকাৰ অসমৰ সাংবাদিক অসম সাহিত্য সভাৰ সভাপতি অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী অসম উপত্যকা সাহিত্য বঁটা বিজয়ী শ্ৰীমন্ত শংকৰদেৱ বঁটা
44220
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%9B%E0%A6%BE%E0%A7%B0%E0%A7%80%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF
কছাৰী ৰাজ্য
ডিমাছা কছাৰী ৰাজ্য (উচ্চাৰণ: অসমত অৱস্থিত এখন জনজাতীয় ৰাজ্য আছিল। ইয়াৰ শাসকসকল আছিল ডিমাছা জনগোষ্ঠীয় লোক। স্থানীয় জনজাতীয় নেতাই শাসন কৰা কছাৰী আৰু আনবোৰ ৰাজ্য (কমতা, চুতীয়া কামৰূপ ৰাজ্যৰ পাছত মধ্যযুগীয় অসমত গঢ় লৈ উঠিছিল। কছাৰী ৰাজ্যৰ অংশবিশেষ ব্ৰিটিছৰ আগমণলৈকে বৰ্তি আছিল। এই ৰাজ্যৰ নামেৰে অসমৰ দুখন জিলা আছে: কাছাৰ আৰু উত্তৰ কাছাৰ (ডিমা হাচাও জিলা)। কছৰী ৰাজ্যৰ আৰম্ভণিৰ ইতিহাস স্পষ্ট নহয়। পৰম্পৰাগত তথ্য অনুসৰি ৰাজনৈতিক অস্থিৰতাৰ বাবে কছাৰী ডিমাচাসকলে প্ৰাচীন কালত কামৰূপ ৰাজ্য ত্যাগ কৰিবলগীয়া হৈছিল। বহু লোকে ব্ৰহ্মপুত্ৰ (ডিমাচাত দিলৌ) পাৰ কৰিব নোৱাৰি উত্তৰ পাৰতে থাকি গৈছিল আৰু তেওঁলোক পাছলৈ বড়ো বুলি জনাজাত হৈছিল। নদী পাৰ কৰাসকল ডিমাচা (অৰ্থ- নদীৰ পুত্ৰ) বুলি জনাজাত হ'ল। ব্ৰহ্মপুত্ৰৰ কছাৰী ঘাট ইয়াৰেই প্ৰমাণ বুলি ভবা হয়। ডিমাচাসকলে শদিয়াৰ দেৱী কেঁচাই খাইটিক পূজা কৰিছিল। কছাৰীসকলে নিজকে মহাভাৰতৰ ভীম আৰু ডিমাচাৰ ৰাজকুমাৰী হিড়িম্বাৰ পুত্ৰ ঘটোৎকচৰ বংশধৰ বুলি কয়। পাছলৈ তেওঁলোকে মাইবঙত হিন্দু ধৰ্ম গ্ৰহণ কৰে। কাছমাৰী অসমৰ গোলাঘাট জিলাৰ দৈয়াং নদীৰ পাৰত থকা কাছমাৰীয়েই সম্ভৱ ডিমাপুৰৰ আগতে কছাৰী ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল। ডিমাপুৰ হিড়িম্বা নামৰ পৰাই ডিমাপুৰ নামটো হৈছে। ইয়াৰ প্ৰাচীন নাম হিড়িম্বাপুৰ। অপভ্ৰংশ হৈ ডিম্বাপুৰ আৰু শেষত ডিমাপুৰ নাম হয়গৈ। আন এক বিশ্বাস মতে ডিমাচা আৰু পুৰ (নগৰ)ৰ পৰা ডিমাপুৰ নামটো আহিছে। আহোম বুৰঞ্জীত ডিমাপুৰক "চে-ডিমা" অৰ্থাৎ ডিমাচাৰ নগৰ বুলি উল্লেখ কৰা হৈছে। ১৩শ শতিকাত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে দিখৌৰ পৰা কলং নদীলৈকে বৰ্তমানৰ ধনশিৰী নৈৰ উপত্যকা আৰু ডিমা হাচাও জিলা সামৰি কছাৰী ৰাজ্য বিস্তাৰ হৈছিল। আহোমৰ লগত সংঘাত আহোমসকলে চুতীয়া আৰু কছাৰী ৰাজ্যৰ মাজৰ বৰাহী আৰু মটক লোক থকা অঞ্চলত ৰাজ্য স্থাপন কৰিলে। ১৪৯০ চনত প্ৰথমবাৰৰ বাবে আহোম-কছাৰীৰ সংঘাত হয় আৰু আহোমৰ পৰাজয় হয়। শান্তি স্থাপনৰ বাবে আহোম কুঁৱৰী এগৰাকী কছাৰী ৰজালৈ দিয়া হয় আৰু কছাৰীসকলে ধনশিৰীৰ সিপাৰৰ অঞ্চলো নিয়ন্ত্ৰণলৈ আনে। কিন্তু আহোমসকল শক্তিশালী হৈ উঠাৰ লগে লগে কছাৰীসকলক পশ্চিমলৈ ঠেলি দিয়ে। ১৫২৬ চনত ডিমাচা কছাৰীসকলে আহোমক এখন যুদ্ধত পৰাস্ত কৰিলেও সেই বছৰেই আন এখন যুঁজত হাৰ মানে। ১৫৩১ চনত আহোমসকলে ডিমাপুৰ আক্ৰমণ কৰি কছাৰী কোঁৱৰ ডেটচুঙক কৰতলীয়া ৰজা পাতে আৰু বছৰি ২০টা হাতী আৰু ১ লাখ টকাৰ কৰ আদায়ৰ চুক্তি কৰে। পাঁচবছৰ কৰতলীয়া হৈ থকাৰ পাছত ডেটচুঙে আহোমৰ বিৰুদ্ধে বিদ্ৰোহ কৰাত ১৫৩৬ চনত আহোমে পুনৰ ডিমাপুৰ আক্ৰমণ কৰি ডেটচুঙক হত্যা কৰে। ডিমাচা কছাৰীসকলে ডিমাপুৰ ত্যাগ কৰি ক্ষিণৰ ফালে মাইবঙত নতুন ৰাজধানী স্থাপন কৰে। ডিমাচা ভাষা মতে "মাই" মানে "ধাননি" আৰু "বং" মানে "বহুত"। মাইবং মাইবঙত ডিমাচা কছাৰীসকলৰ ওপৰত ব্ৰাহ্মণৰ প্ৰভাৱ পৰে। ডেটচুঙৰ পুত্ৰই নিৰ্ভয় নাৰায়ণ বুলি হিন্দু নাম লয় আৰু তেওঁৰ ব্ৰাহ্মণ গুৰুক ধৰ্মাধি উপাধি দিয়ে। হিড়িম্বাৰ নামৰ পৰা ৰাজ্যখনৰ নাম হেৰম্ব আৰু শাসকসকলক হেৰম্বেশ্বৰ বুলিও জনা যায়। মাইবঙৰ ব্ৰাহ্মণ কিংবদন্তি মতে বনবাসৰ সময়ত পাণ্ডৱসকল কছাৰী ৰাজ্যলৈ আহিছিল। ভীম আৰু কুঁৱৰী হিড়িম্বাৰ প্ৰেম হৈ গন্ধৰ্ব বিবাহ হয়। তেওঁলোকৰ ঘটোৎকচ নামৰ এজন পুত্ৰৰ জন্ম হয় যি বহু বছৰ কছাৰী ৰাজ্য শাসন কৰিছিল। তেওঁৰ ই চতুৰ্থ শতিকালৈকে "ডিলাও" নদী (অৰ্থ ""দীঘল নদী"") বা এতিয়াৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ বৃহৎ অঞ্চল শাসন কৰিছিল। বিশ্বাস কৰা হয় যে কছাৰীসকলে মহাভাৰতৰ যুদ্ধতো অংশ লৈছিল। মাইবঙৰ ৰজাক শাসনৰ ক্ষেত্ৰত বৰভাণ্ডাৰী আৰু তেওঁৰ তলৰ পাত্ৰ আৰু ভাণ্ডাৰীৰে গঠিত মন্ত্ৰী পৰিষদে সহায় কৰিছি। মন্ত্ৰী আৰু আন বিষয়াসকল ডিমাচা জনগোষ্ঠীয় লোকেই আছিল। ডিমাচা লোকৰ প্ৰায় ৪০টা ফৈদ বা ছেংফং আছিল। প্ৰত্যেক ফৈদেই ৰাজপৰিষদ বা মেললৈ এজনলৈ প্ৰতিনিধি পঠিয়াইছিল। ৰজা নিৰ্বাচন কৰিব পৰা ক্ষমতা থকা এই পৰিষদ মেল মণ্ডপত ছেংফঙৰ মৰ্যাদা অনুসৰি বহিছিল। ১৭শ শতিকামানত ডিমাচা কচাৰীৰ ৰাজ্য কাচাৰৰ ভৈয়ামলৈকে বিয়পে। ভৈয়ামৰ লোকে প্ৰত্যক্ষভাৱে কছাৰী ৰজাৰ পাৰিষদত অংশ নল'লেও ধৰ্মাধি গুৰু আৰু ব্ৰাহ্মণসকলৰ অশেষ প্ৰভাৱ আছিল। ভৈয়ামৰ প্ৰজাক তেওঁলোকক খেল হিচাপে ভাগ কৰা হৈছিল আৰু ৰজাই উজীৰ নামৰ বিষয়াৰ জৰিয়তে কৰ আদায় কৰিছিল। কাষৰীয়া ৰাজ্য কোচ সেনাপতি চিলাৰায়ে ১৫৬২ চনত দুৰ্লভ নাৰায়ণৰ দিনত কছাৰী ৰাজ্য আক্ৰমণ কৰে আৰু কোচৰ কৰতলীয়া কৰে। বছৰি কৰৰ পৰিমাণ আছিল সত্তৰ হাজাৰমোহৰ আৰু ষাঠীটা হাতী। থাকি কিছু কোচ সৈন্য দেহান নামেৰে পৰিচিত হৈ কছাৰী ৰাজ্যত বিশেষ সুবিধা লাভ কৰে। অৱশ্যে চিলাৰায়ৰ মৃত্যুৰ পাছত কোচ ৰাজ্যত সৃষ্টি হোৱা গৃহকন্দলৰ সুযোগ লৈ কছাৰীসকলে পুনৰ নিজক স্বাধীন বুলি ঘোষণা কৰে। সপ্তদশ শতিকাৰ আৰম্ভণিত ডিমৰুৱা অঞ্চল লৈজয়ন্তীয়া ৰাজ্যৰ লগত হোৱা যুদ্ধত জয়ন্তীয়া ৰজা ধনমাণিকৰ পৰাজয় হৈছিল। ধনমাণিকৰ মৃত্যুৰ পাছত কছাৰী ৰজা শত্ৰুদমনে যশমাণিকক জয়ন্তীয়া ৰজা পাতে। তেওঁ কূটনীতিৰে ১৬১৮ চনত আহোমৰ লগত কছাৰীৰ সংঘাতৰ সৃষ্টি কৰে। কছাৰীসকলৰ সকলোতকৈ শক্তিশালী ৰজা শত্ৰুদমনে নগাঁও জিলাৰ ডিমৰুৱা, উত্তৰ কাচাৰ, ধনশিৰী উপত্যকা, কাচাৰৰ ভৈয়াম আৰু পূব চিলেটৰ কিছু অংশ শাসন কৰিছিল। চিলেট বিজয়ৰ পাছত তেওঁ নিজৰ নামত মোহৰ সজাইছিল। খাচপুৰ খাচপুৰৰ অঞ্চল পূৰ্বতে ত্ৰিপুৰা ৰাজ্যৰ অন্তৰ্গত আছিল। ১৬শ শতিকাত চিলাৰায়ে অধিকাৰ কৰা এই অঞ্চল চিলাৰায়ৰ ভায়েক কমলনাৰায়নে শাসন কৰিছিল। কোচ ৰাজ্যৰ শক্তি টুটি অহাৰ পাছত খাচপুৰ স্বাধীন হৈ পৰে। ১৮ শ শতিকাৰ মাজভাগত শেষ কোচ শাসকজনৰ উত্তৰাধিকাৰী অবিহনে মৃত্যু হোৱাত এই অঞ্চল যৌতুক হিচাপে কছাৰী ৰজাৰ অধীনলৈ যায়। একত্ৰীকৰণৰ পাছত ডিমাচা কছাৰী ৰাজ্যৰ ৰাজধানী বৰ্তমান শিলচৰৰ ওচৰৰ খাচপুৰলৈ স্থানান্তৰিত কৰা হয়। ব্ৰিটিছৰ আগমণ ১৯শ শতিকাৰ আৰম্ভণিত আহোম ৰাজ্যৰ লগতে ডিমাচা কছাৰী ৰাজ্য মানৰ অধীনলৈ যায়। শেষ ৰজা গোবিন্দচন্দ্ৰক ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত ব্ৰিটিছসকলে পুনৰ স্থাপন কৰে। কিন্তু তেওঁ পাৰ্বত্য অঞ্চল শাসন কৰি থকা তুলাৰাম সেনাপতিক বশ কৰাত অসমৰ্থ হ'ল। সেনাপতি তুলাৰাম থাউচেনয়ে দক্ষিণত মাহুৰ নদী আৰু নগা পাহাৰ, পশ্চিমে দৈয়াং নদী, পূবে ধনশিৰি নদী আৰু উত্তৰে যমুনা আৰু দৈয়াং নদীৰ অঞ্চল ৰাজত্ব কৰিছিল। ১৮৩০ চনৰ ২০ এপ্ৰিলত মণিপুৰৰ ৰাজকুমাৰ গম্ভীৰ সিঙৰ প্ৰৰোচনাত কেইজনমান মণিপুৰী লোকে গোবিন্দচন্দ্ৰক হত্যা কৰে। ১৮৩২ চনত সেনাপতি তুলাৰাম থাউচেনক পেঞ্চন দি ব্ৰিটিছে তেওঁৰ শাসিত অঞ্চল অধিগ্ৰহণ কৰে (উত্তৰ কাচাৰ জিলা); আৰু ১৮৩৩ চনত গোবিন্দচন্দ্ৰ অঞ্চলো কাচাৰ জিলা হিচাপে অধিগ্ৰহণ কৰা হয়। কছাৰী ৰজাসকল ডিমাপুৰত বিচাৰপতিফা বিক্ৰমাদিত্যফা মহামণিফা মণিফা লাদাফা খোৰাফা খুনখোৰাফা ডেটচুংফা মাইবঙত নিৰ্ভয় নাৰায়ণ(১৫৪০-১৫৫০) দুৰ্লভ নাৰায়ণ বা হাৰ্মেশ্বৰ (১৫৫০-১৫৭৬) মেঘ নাৰায়ণ (১৫৭৬-১৫৮৩) শত্ৰুদমন (প্ৰতাপ নায়াৰণ, যশ নাৰায়ণ) (১৫৮৩-১৬১৩) নৰ নাৰায়ণ (১৬১৩-) ভীমদৰ্প নাৰায়ণ (ভীমবল কোঁৱৰ) (-১৬৩৭) ইন্দ্ৰবল্লভ নাৰায়ণ (১৬৩৭-) বীৰদৰ্প নাৰায়ণ (-১৬৮১) গৰুড়ধ্বজ নাৰায়ণ মকৰধ্বজ উদয়াদিত্য তাম্ৰধ্বজ নাৰায়্ণ (১৬৯৯-১৭০৮) ৰাণী চন্দ্ৰপ্ৰভা শূৰদৰ্প নাৰায়ণ (-১৭৩০) ধৰ্মধ্বজ নাৰায়ণ (হৰিচন্দ্ৰ নাৰায়ণ) কীৰ্তিচন্দ্ৰ নাৰায়ণ (১৭৩৫-১৭৪৫) গোপীচন্দ্ৰ নাৰায়ণ (১৭৪৫-১৭৫৭) খাচপুৰত হৰিচন্দ্ৰ দ্বিতীয় (১৭৫৭-১৭৭২) কৃষ্ণচন্দ্ৰ নাৰায়ণ (১৭৭২-১৮১৩) গোবিন্দচন্দ্ৰ নাৰায়ণ (১৮১৩-১৮৩০) পাৰ্বত্যত সেনাপতি তুলাৰাম থাউচেন (মৃত্যু ১২ অক্টোবৰ ১৮৫০) টোকা বেণুধৰ শৰ্মা ৰচিত'কছাৰী বীৰ তুলাৰাম সেনাপতি থাউচেন বংশধৰ হয়। তথ্যসূত্ৰ অসমৰ
97074
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A6%BE%E0%A6%B2%E0%A6%BE%E0%A6%B2%20%E0%A6%AA%E0%A7%87%E0%A6%9F%E0%A7%87%E0%A6%B2
পন্নালাল পেটেল
পন্নালাল নানালাল পেটেল জন্ম:৭ মে’ ১৯১২ মৃত্যু: ৬ এপ্ৰিল ১৯৮৯) এগৰাকী ভাৰতীয় গুজৰাটী লেখক। গুজৰাটী সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ বিশেষ ভাৱে পৰিচিত। তেওঁ ‘সুখদুখনা সাথী’ ১৯৪০ ১৯৫২ আদিকে ধৰি ২০ খনতকৈও অধিক গল্প সংকলন ৰচনা কৰিছে আৰু ‘মালেলা জীৱ’ ১৯৪১ ‘মানৱীনী ভৱাই’ ১৯৪৭ ‘ভংয়ানা ভেৰু’( ১৯৫৭ আদি কৰি প্ৰায় ২০ খনতকৈ বেছি সামাজিক তথা পৌৰাণিক উপন্যাস লিখিছে। সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৮৫ চনত তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তেওঁৰ লেখা বিভিন্ন ভাৰতীয় ভাষালৈ অনুবাদ হোৱাই নহয়; তেওঁৰ গল্প-উপন্যাসৰ আধাৰত মঞ্চনাট আৰু চলচ্চিত্ৰ ৰূপায়নো হৈছে। জীৱন ১৯১২ চনৰ ৭ মে’ তাৰিখে, বৰ্তমান ৰাজস্থানৰ দুংগৰপুৰত অৱস্থিত মান্দলি গাঁৱত পন্নালালৰ জন্ম হৈছিল। তেওঁ দেউতাক নানাচা এ কে এ নানালাল আৰু মাক হীৰাবা, অঞ্জনা চৌধুৰীৰ বংশৰ লোক আছিল। পৰিয়ালৰ চাৰিটি ভাই-ভণীৰ ভিতৰত পন্নালাল আটাইতকৈ সৰু আছিল। দেউতাক আছিল এগৰাকী কৃষক। দেউতাকে গাঁওবাসীক প্ৰায়ে ৰামায়ণ, উষাহৰণ আদি পৌৰাণিক কাহিনীবোৰ গাই শুনাইছিল, যাৰ বাবে মানুহে তেওঁলোকৰ ঘৰখনক ‘শিক্ষাৰ বাসস্থান’ বুলিছিল। পন্নালাল সৰু থাকোঁতেই তেওঁৰ দেউতাক ঢুকায় আৰু মাকে ল’ৰা-ছোৱালীকেইটা তুলি-তালি ডাঙৰ-দীঘল কৰে। দৰিদ্ৰতাৰ বাবে পন্নালালৰ পঢ়া-শুনা বাধাগ্ৰস্ত হৈছিল। গুজৰাটৰ ছাৰ প্ৰতাপ হাইস্কুলত তেওঁ মাত্ৰ চতুৰ্থ শ্ৰেণীলৈহে পঢ়িছিল। স্কুলত পঢ়ি থকা সেই সময়খিনিতে সহপাঠী উমাশংকৰ যোশীৰ সৈতে তেওঁৰ বন্ধুত্ব হৈছিল।অলপ দিনৰ বাবে তেওঁ দুংগৰপুৰৰ এটি সুৰা নিৰ্মাণ কোম্পানীত মেনেজাৰ ৰূপে কাম কৰিছিল। গুজৰাটৰ আহমেদাবাদত ঘৰুৱা সহায়ক ৰূপে কাম কৰি থাকোঁতে তেওঁ তেওঁৰ জীৱনৰ প্ৰথমখন উপন্যাস লিখিছিল। ১৯৩৬ চনত ঘটনাক্ৰমে তেওঁ তেওঁৰ পুৰণি বন্ধু উমাশংকৰ যোশীক লগ পায় আৰু যোশীয়ে তেওঁক লিখিবলৈ উৎসাহিত কৰে। যোশীৰ প্ৰেৰণাত পন্নালালে তেওঁৰ জীৱনৰ প্ৰথমখন গল্প-সংকলন ১৯৩৬ লিখি উলিয়ায়। পিছত, বহুকেইখন গুজৰাটী আলোচনীত তেওঁৰ গল্প প্ৰকাশ হৈছিল। ১৯৪০ চনত তেওঁ প্ৰথমখন উপন্যাস ভাল’মন’ৰ বাবে স্বীকৃতি লাভ কৰে। লাহেকৈ তেওঁৰ অন্যান্য উপন্যাস মালেলা জীৱ ১৯৪১ মানৱীনী ভৱাই ১৯৪৭ )আদিয়েও সমাদৰ লাভ কৰে। ১৯৭১ চনত তেওঁ তেওঁৰ পুত্ৰদ্বয়ৰ সৈতে লগ-লাগি আহমেদাবাদত ‘সাধনা’ নামে এটি প্ৰকাশন প্ৰতিষ্ঠান স্থাপন কৰে। পৰৱৰ্তী বছৰবোৰত, তেওঁ বেছিভাগ উপন্যাসেই হিন্দু পৌৰাণিক কাহিনী আৰু মহাকাব্যক ভিত্তি কৰি লিখিছিল। মগজুৰ ৰক্তক্ষৰণ হৈ, ১৯৮৯ চনৰ ৬ এপ্ৰিল তাৰিখে আহমেদাবাদত তেওঁৰ মৃত্যু হয়। সৃষ্টি তেওঁ ৬১খন উপন্যাস, ২৬খন চুটি গল্প সংকলন আৰু আন বহুতো ৰচনা লিখিছিল। পেটেলে তেওঁৰ ৰচনাসমূহৰ বেছিভাগ উত্তৰ গুজৰাটৰ চাবৰকান্থা জিলাৰ স্থানীয় ভাষাত লিখিছিল। প্ৰেম, তেওঁৰ অধিকাংশ উপন্যাসৰে মূল বিষয়বস্তু। তেওঁৰ ৰচনাৰ মাজেৰে গুজৰাটৰ গ্ৰাম্য জীৱন চিত্ৰিত হৈছে। তেওঁৰ উপন্যাসসমূহ ঘাইকৈ গাওঁখন, ইয়াৰ মানুহ, তেওঁলোকৰ জীৱন, আশা-আকাংক্ষা, সমস্যা আৰু দুৰ্দশাক কেন্দ্ৰ কৰি ৰচিত হৈছে। দুটা ভিন্ন সম্প্ৰদায়ত জন্মগ্ৰহণ কৰা কাঞ্জি আৰু জীৱীৰ মাজৰ অসম্পূৰ্ণ প্ৰেম কাহিনীক বিষয়-বস্তু ৰূপে লৈ পেটেলে তেওঁৰ অন্যতম শ্ৰেষ্ঠ উপন্যাস মালেলা জীৱ(১৯৪১) ৰচনা কৰিছে। তেওঁৰ উপন্যাস মানৱীনী ভৱাইক (১৯৪৭) ১৯০০ দশকৰ আৰম্ভণিৰ গুজৰাটৰ গ্ৰাম্য জীৱন আৰু গ্ৰাম্য জীৱনৰ অন্বেষণৰ শক্তিশালী চিত্ৰায়ন ৰূপে গণ্য কৰা হয়। গল্প আৰু উপন্যাসৰ উপৰিও পন্নালালে সফলতাৰে শিশু-সাহিত্যও ৰচনা কৰিছে। ‘আলাপজালাপ’ (১৯৭৩) হৈছে তেওঁৰ আত্মজীৱনীমূলক ৰচনা, য’ত তেওঁৰ শৈশৱ আৰু কৈশোৰ চিত্ৰিত হৈছে। পান্নালালনী শ্ৰেষ্ঠ বৰ্তাও (১৯৫৮), পান্নালালনো বৰ্তভাইভম (১৯৬৩), বিনেলি নাভালিকাও (১৯৭৩), পূৰ্ণায়োগনু আচামন (১৯৭৮), লোকগুঞ্জন (১৯৮৪) আদি তেওঁৰ সম্পাদিত আৰু নিৰ্বাচিত সংগ্ৰহ। তেওঁৰ অন্যান্য ৰচনাসমূহ হৈছে; ‘অলকমালাক’ (১৯৮৬) আৰু ‘সৰজন্নী সুৱৰ্ণ স্মৰণিকা’ (১৯৮৬)। অনুবাদ আৰু অভিযোজন ‘মালেলা জীৱ’ পাঞ্জাৱী, কানাড়া আদি কেইবাটাও ভাৰতীয় ভাষালৈ অনুবাদ কৰা হৈছে। উপন্যাসখন ‘কালাছিনা জীৱীতালু’ নামেৰে ভেমুৰি অঞ্জনেয়া শৰ্মাই তেলেগু ভাষালৈ অনুবাদ কৰিছে। ৰাজেশ আই পেটেলে ২০১১ চনত, ইয়াক ‘দ্য ইউনাইটেড চ’লছ’ শীৰ্ষকেৰে ইংৰাজীলৈ অনুবাদ কৰিছিল। সাহিত্য অকাডেমীৰ দ্বাৰা প্ৰকাশিত ‘মানৱীনী ভৱাই’ ভি ৱাই কণ্টকৰ দ্বাৰা ‘এণ্ডুৰেঞ্চ: এ ড্ৰোল চাগা’ ১৯৯৫ ৰূপে ইংৰাজীলৈ অনুবাদ কৰা হৈছে। তেওঁৰ উপন্যাস ‘মালেলা জীৱ’, ‘মানৱীনী ভৱাই’ আৰু চুটি গল্প ‘কংকু’ৰ চলচ্চিত্ৰ ৰূপায়ণ হৈছে। ‘মালেলা জীৱ’ৰ আধাৰত কেইবাখনো চলচ্চিত্ৰ আৰু নাটক নিৰ্মিত হৈছে। এন আৰ আচাৰ্যৰ দ্বাৰা পৰিচালিত ‘উল’ঝন’— উপন্যাসখনৰ প্ৰথম গুজৰাটী চলচ্চিত্ৰ অভিযোজন আছিল। ‘মালেলা জীৱ’ ১৯৫৬ মনহৰ ৰস্কাপুৰৰ দ্বাৰা পৰিচালিত এখন গুজৰাটী চলচ্চিত্ৰ; আনহাতে ‘কংকু’ ১৯৬৯ পৰিচালনা কৰিছিল কান্তিলাল ৰাথোড়ে। দুয়োখন চলচ্চিত্ৰৰ চিত্ৰনাট্য পেটেলে নিজেই ৰচনা কৰিছিল। ১৯৯৬ চনৰ ভাৰতীয় কানাড়া চলচ্চিত্ৰ ‘জানুমাদা জৌড়ী’ ‘মালেলা জীৱ’ৰ ওপৰত আধাৰিত। নিমেশ দেশাই পৰিচালিত এখন মঞ্চনাট ৰূপেও গুজৰাটী ভাষাত ‘মালেলা জীৱ’ পৰিৱেশিত হৈছে। স্বীকৃতি পেটেলে ১৯৫০ চনত ৰঞ্জিতৰাম সুৱৰ্ণ চন্দ্ৰক আৰু ১৯৮৫ চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। উমাশংকৰ যোশী ১৯৬৭ চন )ৰ পিছতে গুজৰাটী ভাষাত জ্ঞানপীঠ বঁটা লাভ কৰা পেটেল দ্বিতীয় গৰাকী লেখক আছিল। ১৯৮৬ চনত তেওঁ সাহিত্য গৌৰৱ পুৰস্কাৰ লাভ কৰে। তথ্যসূত্ৰ জ্ঞানপীঠ বঁটা বিজয়ী মৃত ব্যক্তি সাহিত্যিক গুজৰাটৰ
24429
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%A8%E0%A6%B2%E0%A6%A4%E0%A6%BE%20%E0%A6%B8%E0%A7%87%E0%A6%A8%20%28%E0%A6%95%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A6%BE%29
বনলতা সেন (কবিতা)
বনলতা সেন বঙালী ভাষাৰ অতি জনপ্ৰিয় কবিতাসমূহৰ মাজত অন্যতম। কবিতাটোৰ ৰচয়িতা বিংশ শতাব্দীৰ আধুনিক বাঙালী কবি জীবনানন্দ দাস। এইটো প্ৰধানত এটি ৰোমান্তিক গীতি কবিতা হিচাবেই সমাদৃত। ১৯৯৯ খ্ৰীষ্টাব্দত কবিৰ জন্ম শতবাৰ্ষিকীত ঢাকা চহৰৰ ১০০০ কলেজত পঢ়া ছাত্ৰক লৈ কৰা এটি সমীক্ষাত এইটো প্ৰকাশ পাইছে যে তেওঁলোকৰ সকলোৱেই (১০০ ভাগ) এই কবিতা সম্পৰ্কে অবগত আৰু ৯৮৮ জনেই এবাৰ হ'লেও এই কবিতাটো পঢ়িছে। তদুপৰি ২১৯ জনে নিৰ্ভুলভাৱে কবিতাটো মুখস্থ গাব পাৰে। ৰচনা-প্ৰকাশৰ ইতিহাস জীবনানন্দ দাসৰ "বনলতা সেন" কবিতাটি প্ৰথম প্ৰকাশ কৰিছিল কবি বুদ্ধদেৱ বসুৱে তেখেতৰ কবিতাৰ আলোচনীত, পুহ মাহৰ ১৩৪২ সংখ্যাত (ডিচেম্বৰ, ১৯৩৫)। পিছত ১৯৪২ খ্ৰীষ্টাব্দত জীবনানন্দই তেখেতৰ প্ৰকাশিত তৃতীয় কাব্যগ্ৰন্থ 'বনলতা সেন'ত ইয়াক অন্তৰ্ভুক্ত কৰে। পৰৱৰ্তীকালত ১৯৫৪ খ্ৰীষ্টাব্দৰ মে মাহত প্ৰকাশিত জীবনানন্দ দাসৰ 'শ্ৰেষ্ঠ কবিতা' গ্ৰন্থতো এই কবিতাটো সংকলিত হয়। ইয়াৰ উপৰিও আবু চৈয়দ আয়ুব আৰু হীৰেন্দ্ৰনাথ মুখোপাধ্যায়ৰ যৌথ সম্পাদনাত ১৯৩৯ খ্ৰীষ্টাব্দত প্ৰকাশিত আধুনিক 'বাংলা কবিতা' শীৰ্ষক গ্ৰন্থতো কবিতাটো সংকলিত হৈছিল। কলকাতাৰ জাতীয় গ্ৰন্থাগাৰত সুৰক্ষিত পাণ্ডুলিপিসমূহৰ ১৯৩৪ খ্ৰীষ্টাব্দত চিহ্নিত ৮ নং বহীতো এই কবিতাটো আছে। গতিকে পাণ্ডুলিপি হিচাবে ১৯৩৪ খ্ৰীষ্টাব্দত কবিতাটো লিখা হৈছিল বুলি প্ৰতীয়মান হয়। এই সময়ত চিটি কলেজৰ টিউটৰৰ চাকৰি হেৰুৱাই নিবনুৱা জীবনানন্দই কলকাতাত নিঃসহায় অৱস্থাত দিন অতিবাহিত কৰিছিল। মাত্ৰ কেইবছৰমান আগেয়ে তেওঁৰ বিয়া হৈছিল। তেওঁ কোনোদিনে পত্নীসুখ নাপায়, পাব নোৱাৰিব বুলি নিশ্চিত হৈ গৈছিল। কবিতাটোৰ সঠিক লেখাক লৈ বিতৰ্ক আছে। কাৰণ ভিন-ভিন সংকলনত ভিন-ভিন ধৰণেৰে লিখা পোৱা যায়। অৱশ্যে সেয়া খুব এটা বেচি পাৰ্থক্য নহয়। তথাপি ভূমেন্ত্ৰ গুহৰদ্বাৰা সম্পাদিত পাণ্ডুলিপিৰ কবিতা শীৰ্ষক গ্ৰন্থত থকা লেখাটোক নিৰ্ভৰযোগ্য বুলি বিবেচনা কৰা হয়। শিৰোনামা আপাত দৃষ্টিত 'বনলতা সেন' এটি প্ৰেমৰ কবিতা য'ত বনলতা সেন নামৰ নাৰীগৰাকীৰ স্মৃতি ৰোমন্থন আছে। আৰম্ভণিৰ পৰাই পাঠকৰ মনত কৌতুহল হয় যে বনলতা সেন বাস্তবৰ কোনো এক নাৰী নে সম্পূৰ্ণ কল্পিত এটি কাব্যচৰিত্ৰ। এই কবিতাটোৰ তিনিটা স্তবকৰ প্ৰতিটোৰে শেষৰ শাৰীত বনলতা সেন নামৰ নাৰী গৰাকীৰ উল্লেখ আছে। প্ৰথম স্তবকৰ শেষৰ শাৰী-"আমাৰে দুদণ্ড শান্তি দিয়েছিল নাটোৰেৰ বনলতা সেন" দ্বিতীয় স্তবকৰ শেষৰ শাৰী-"পাখিৰ নীড়েৰ মতো চোখ তুলে নাটোৰেৰ বনলতা সেন" তৃতীয় স্তবকৰ শেষৰ শাৰী-থাকে শুধু অন্ধকাৰ, মুখোমুখি বসিবাৰ বনলতা সেন" বনলতা সেনৰ বাহিৰেও জীবনানন্দৰ কাব্যত বহুসংখ্যক নাৰী চৰিত্ৰৰ উপস্থিতি আছে। যেনে-শ্যামলী, সুৰঞ্জনা, সুচেতনা, সৰোজনী, শেফালিকা বোস, সুজাতা আৰু অমিতা সেন। ১৯৩২ খ্ৰীষ্টাব্দত লিখিত আৰু প্ৰায় অৰ্ধশতাব্দীকাল অগোচৰে থকা 'কাৰুবাসনা' নামৰ উপন্যাসত প্ৰথম 'বনলতা সেন' নামটো পোৱা যায়। তাৰোপৰি হাজাৰ বছৰ ধৰে খেলা কৰে, একটি পোৰোনো কবিতা আৰু বাঙালী পাঞ্জাবী মাৰাঠী গুজৰাটী শীৰ্ষক আৰু তিনিটি কবিতাত এই নামটো আছে। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে 'কাৰুবাসনা' উপন্যাসখন প্ৰথম প্ৰকাশিত হৈছিল ১৯৮৬ খ্ৰীষ্টাব্দত, কবিৰ মৃত্যুৰ বহুকালৰ পিছত। ইয়াৰ ভাৱ-ভাষা, অনবগুণ্ঠিত আত্মজৈবনিকতাই সেই সময়ৰ পাঠকৰ মনত বিশেষ কৌতুহলৰ সৃষ্টি কৰিছিল। বনলতা সেন কোনো ৰক্ত-মাংসৰ মানৱী নে নিতান্তই কল্পনাপ্ৰসূত কোনো কবিতা-নাৰী এই প্ৰশ্নটো অবাঞ্চিত নহ'লেও কিছু ৰহস্যৰ সুৰুঙা ৰৈ গৈছে। ২০০৭ খ্ৰীষ্টাব্দৰ জীবনানন্দৰ পাণ্ডুলিপি উদ্ধাৰ কৰোঁতা ড॰ ভূমেন্দ গুহই কবিৰ সাহিত্যিক টোকা গৱেষণা কৰি জনাইছে যে কবিৰ জীৱনলৈ প্ৰেম আহিছিল তাত কোনো সন্দেহ নাই। সাহিত্যিক টোকা বা লিটাৰেৰি নোটচত ওয়াই হিচাপে উল্লেখিত ছোৱালীজনীয়েই কবিৰ আকাংক্ষিত নাৰী। প্ৰকৃততে তাইৰ নাম শোভনা, কবিৰ এজন খুড়াক অতুলান্ত দাসৰ ছোৱালী, যাৰ ঘৰুৱা নাম বেবী। ১৯৩০ খ্ৰীষ্টাব্দত লাবণ্য দাসক বিয়া কৰোৱাৰ আগেয়ে এই ছোৱালীজনীৰ প্ৰতি যুৱক জীবনানন্দই গভীৰ অনুৰাগ অনুভৱ কৰিছিল। এখন উপন্যাসত এওঁক শশী নামেৰেও পোৱা যায়। শোভনাক লৈ জীবনানন্দৰ অনুৰাগ উন্নীত হৈছে অব্যক্ত প্ৰেমলৈ। লাবণ্য দাসৰ লগত দাম্পত্য জীৱন কিঞ্চিতমানো সুখকৰ নোহোৱাত এই প্ৰেম তীব্ৰতৰ হৈ ক্ৰমাৎ এক প্ৰকাৰ অনুভুতিলৈ পৰ্য্যবসিত হৈছিল। গঠন আৰু ৰচনা কৌশল নাতিদীৰ্ঘ ওঠৰ শাৰীৰ নিখুঁত স্থাপত্যৰ এই গীতিকবিতাত ছয়শৰীয়া তিনিটা স্তৱক আছে। প্ৰথম স্তৱকত কবিয়ে মূলতঃ নিজৰ কথা কৈছে। দ্বিতীয় স্তৱকত এক লহমাৰ বাবে দেখা পোৱা প্ৰিয় মুখখনৰ কথা আৰু তৃতীয় স্তৱকত কৈছে এটি সপোনৰ কথা। কবিতাটো জীবনানন্দ দাসৰ প্ৰিয় ছন্দ অক্ষৰবৃত্ত বা পয়াৰত ৰচিত। কিন্তু পৰ্ব বিন্যাসত সমতা ৰক্ষা কৰা হোৱা নাই। প্ৰথম স্তৱকৰ প্ৰতিটো শাৰী তিনি পৰ্বৰ, যাৰ মাত্ৰা বিন্যাস ৮+৮+৬। ৮ মাত্ৰাৰ একোটি পৰ্ব মাজভাগত থকাৰ কাৰণে এই স্তৱকৰ ছন্দবিন্যাসক মহাপয়াৰ পৰ্য্যায়ী বোলা হয়। দ্বিতীয় স্তৱকত বিভিন্ন শাৰীৰ পৰ্ব বিন্যাস বিভিন্ন ধৰণৰ। যেনে-৮+৮+২, ৪+৮+১০; ৮+৬, ৮+৮+১০; ৮+৪+৪+১০ আৰু ৮+৪+১০। তৃতীয় স্তৱকৰ পৰ্ব আৰু মাত্ৰা বিন্যাস এনেধৰণৰ ৮+১০, ৪+৮+৬; ৮+৪+১০, ৮+১০; ৮+৪+৮+৬ আৰু ৮+৮+৬। পয়াৰ বা অক্ষৰবৃত্তৰ এনেধৰণৰ সূত্ৰহীন ব্যৱহাৰ হোৱা স্বত্তেও কবিতাটোৰ সঙ্গীতময়তা অতুলনীয়। এই কাৰণে ভাৱ হয় যে শব্দবিন্যাস ইফাল সিফাল কৰি কবিতাটোৰ সঠিক পৰ্ববিন্যাস নিৰ্ণয় কৰা প্ৰয়োজন। অৰ্থক্ৰম কবিতাটোৰ প্ৰথম স্তৱকত কবিয়ে সহস্ৰ বছৰ ব্যাপী কৰা এক ক্লান্তিকৰ ভ্ৰমণৰ কথা বৰ্ণনা কৰিছে। তেওঁ সহস্ৰ বছৰ ধৰি পৃথিৱীৰ পথে পথে ঘূৰি ফুৰিছে কবিয়ে, যাৰ যাত্ৰা পথ সিংহল সমুদ্ৰৰ পৰা মালয় সাগৰ পৰ্য্যন্ত বিয়পা। তেওঁ গৈ উপস্থিত হৈছিল বিম্বিসাৰ অশোকৰ ধূসৰ জগতত। এনেকি আৰু দূৰৱৰ্তী বিদৰ্ভ নগৰতো তেওঁৰ উপস্থিতিৰ কথা জনাইছে কবিয়ে। এই পৰিব্যাপ্ত ভ্ৰমণে তেওঁক দিছে অপৰিসীম ক্লান্তি। এই ক্লান্তিময় অস্তিত্বৰ মাজত ক্ষন্তেক সময়ৰ বাবে শান্তিৰ পৰশ লৈ উপস্থিত হৈছে বনলতা সেন নামৰ এক নাৰী। কবিয়ে কৈছে যে তেওঁ নাটোৰৰ বনলতা সেন। কবিতাটোৰ দ্বিতীয় স্তৱকত বনলতা সেনৰ আচৰিত নান্দনিক বৰ্ণনা দিছে কবিয়ে। বনলতা সেনক কবিয়ে প্ৰত্যক্ষ কৰিছে অন্ধকাৰৰ মাজত। তাইৰ চুলিটাৰিৰ সম্পৰ্কত কবিয়ে লিখিছে- চুলি তাইৰ কোন কাহানিৰ বিদিশাৰ অন্ধকাৰ নিশাৰ দৰে। মুখাবয়বত প্ৰতিফলিত হৈছে শ্ৰাবস্তীৰ কাৰুকাৰ্য্য। গভীৰ সমুদ্ৰত মাস্তুল ভঙা জাহাজৰ দিশহাৰা নাবিকৰ এটি সেউজীয়া ঘাঁহেৰে পৰিপূৰ্ণ দালচেনীৰ দ্বীপ দৃষ্টিগোচৰ হোৱাৰ পাছত যি অনুভূতি হয়, সেই একে অনুভূতি বনলতা সেনক দেখি কবিৰো হৈছে। বনলতা সেনেও তাইৰ চৰাইৰ বাহৰ দৰে আশ্ৰয়ময় চকু দুটা মেলি জানিব খুজিছে, ইমান দিনে কবি ক'ত আছিল। তৃতীয় স্তৱকত স্বগতোক্তিৰ দৰে মৃদু উচ্চাৰণত এটি সপোনৰ উন্মোচনৰ কথা শুনা যায়। কবিয়ে কৈছে, দিনৰ সমাপ্তিত গছৰ পাতত টুপ-টাপ নিয়ৰ সৰা শব্দৰ দৰে সন্ধ্যা নামে। দিনটো আকাশত উৰি থকা চিলনীয়ে ডেউকাৰ পৰা ৰ'দৰ গোন্ধ মচি পেলায়। এইসময়ত চৰাইবোৰৰ ঘৰলৈ উভতিবৰ বাবে খৰধৰ লাগে। এইসময়ত (যেন) নদীৰো ঘৰলৈ উভতিবৰ বাবে ব্যাকুলতা জাগে। অন্ধকাৰত মাত্ৰ কেইটামান জোনাকী জ্বলে। গোটেই দিনটোৰ সকলো জাগতিক লেন-দেন যেন সমাপ্ত হৈ গৈছে। গল্পৰ পাণ্ডুলিপিও তৈয়াৰ কৰা হৈ গৈছে; তেতিয়া (কেবল) অন্ধকাৰত বনলতা সেনৰ সৈতে মুখামুখিকৈ বহি গল্প কৰাৰ সময়। সাহিত্যলোচনা 'বনলতা সেন' কবিতাটো সম্ভৱত: বিংশ শতাব্দীৰ আটাইতকৈ বহুল পঠিত কবিতা বিলাকৰ মাজৰ এটা। জীবনানন্দৰ বিৰুদ্ধে দুবোৰ্ধ্যতাৰ অভিযোগ উত্থাপিত হোৱাৰ আগতেই কবিতাটো প্ৰকাশিত হৈছিল। অথচ শেষৰ ফালৰ কবিতাত যি দুৰ্গম সান্ধ্য ভাষা পৰিলক্ষিত হয় এই কবিতাও তাৰ ব্যতিক্ৰম নহয়। কিন্তু এই কবিতাটোৰ অবয়ৱত এনেকুৱা এক দুৰ্লভ ৰোমান্তিকতা পৰিব্যাপ্ত হৈ আছে যিয়ে পাঠকক সহজেই আকৰ্ষণ কৰে। ফলত কবিতাটোৰ অন্তৰ্ভাষা লৈ চিন্তাৰ দুবিধাই সহজতে পাঠকৰ হৃদয়ত প্ৰশ্ৰয় লাভ নকৰে। সাধাৰণ পাঠকৰ বাবে ই নিতান্তই এক প্ৰেমৰ কবিতা হিচাবে সমাদৃত হৈছে। অথচ ইয়াৰ মূলভাৱত আছে সুগভীৰ ঐতিহাসিকতা। পো'ৰ 'টু হেলেন'ৰ সৈতে সাদৃশ্য এই কবিতাটোৰ বিভিন্ন আলোচনাত কোৱা হৈছে যে গাৰ এলেন পো'ৰ 'টু হেলেন' (বাং: হেলেনৰ প্ৰতি) কবিতাটোৰ লগত 'বনলতা সেন' কবিতাটোৰ বিষয়্গত সাদৃশ্য আছে। য'ৰ পৰা এইটো প্ৰতীয়মান হয় যে জীবনানন্দ দাসে এই কবিতাটো পঢ়িয়েই 'বনলতা সেন' কবিতাটো ৰচনা কৰিবলৈ অনুপ্ৰাণিত হৈছিল। কিন্তু 'বনলতা সেন' আৰু 'টু হেলেন'ৰ মাজত যি মৌলিক পাৰ্থক্য আছে সেয়াও বিবেচনাৰ যোগ্য। অনুবাদ সেই পঞ্চাছৰ দশকৰ পৰা আৰম্ভ হৈ আজি পৰ্য্যন্ত নানানজনে 'বনলতা সেন' কবিতাটো বহুবাৰ অনুবাদ কৰিছে। প্ৰথম অনুবাদ কৰিছিল মাৰ্টিন কাৰ্কম্যানে, যাৰ কবিতা এটা সংকলনত গৃহীত হৈছিল। পৰৱৰ্তী কালত কবিয়ে নিজেই ইয়াৰ অনুবাদ কৰিছে। আৰু যিসকলে এই কবিতাটোৰ অনুবাদ কৰিছে সেইসকলৰ মাজত আছে-সনৎ ভাট্টাচাৰ্য, পুৰুষোত্তম লাল, শ্ৰামশ্ৰী দেৱী, ম্যাৰি ল্যাগো (তৰুণ গুপ্তৰ সহযোগত), চিদানন্দ দাসগুপ্ত, হায়াৎ চাইফ, মুকুল শৰ্মা, ক্লিনটন চিলি, আনন্দ লাল, সুকান্ত চৌধুৰী, ফয়জুল লতিফ চৌধুৰী, অনুপম বেনাৰ্জী, অঞ্জন বসু, ফখৰুল আলম, জো উইণ্টাৰ, অৰুণ চৰকাৰ, ডি কে বেনাৰ্জী, অমিতাভ মুখাৰ্জী আৰু জয়দেৱ ভট্টাচাৰ্য। অনুবাদসমূহ পাঠ কৰিলে অনুবাদকসকলৰ উপলব্ধিৰ ভিন্নতা আৰু অৰ্থোদ্ধাৰৰ ভিন্নতা পৰিলক্ষিত হয়। সুজিত মুখাৰ্জীয়ে তেখেতৰ ট্ৰেঞ্চলেচন এজ কভাৰী (১৯৯৮) শীৰ্ষক গ্ৰন্থত ৬টা অনুবাদৰ বিষয়ে আলোচনা কৰিছে। জীবনানন্দ দাসে মাৰ্টিন কাৰ্কম্যানকৃত অনুবাদৰ 'পাখিৰ নীড়েৰ মতো চোখ' (চৰাইৰ বাহৰ দৰে চকু) কথাটোৰ আক্ষৰিক অনুবাদত আপত্তি জনাইছিল। অধিকাংশ অনুবাদকে প্ৰথম ছত্ৰৰ (হাজাৰ বছৰ ধৰে আমি পথ হাঁটিতেছি পৃথিৱীৰ পথে) হাজাৰ হাজাৰ বছৰ ব্যাপী পৃথিৱীৰ পথে পথে খোজকঢ়া ঘটনাক বৰ্তমান কাল হিচাবে অনুবাদ নাই কৰা। তৃতীয় স্তৱকৰ দুটি শাৰী (পৃথিৱীৰ সব ৰঙ নিভে গেলে পাণ্ডুলিপি কৰে আয়োজন/ তখন গল্পেৰ তৰে জোনাকীৰ ৰঙে ঝিলমিল)ৰ মৰ্মাৰ্থ ৰূপায়নত সফল নাই হোৱা অনেক অনুবাদক। 'পাণ্ডুলিপি কৰে আয়োজন' বা 'গল্পেৰ তৰে' কথাৰ অৰ্থ স্বতঃস্ফুৰ্ত নহয়। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ উইকিসসোৰ্সত বঙালী ভাষাত থকা মূল কবিতাটি কবিতাটোৰ আবৃত্তি কবিতাটোৰ আবৃত্তি (চলচ্চিত্ৰ) জয়দীপ ভট্টাচাৰ্যৰ দ্বাৰা অনুবাদ ৰন ডি,কে, বেনাৰ্জ্জি দ্বাৰা অনুবাদ অমিতাভ মুখাৰ্জ্জীৰ দ্বাৰা অনুবাদ ফয়জুল লতিফ চৌধুৰীৰ দ্বাৰা অনুবাদ বনলতা সেন কবিতাটিৰ বিষয়ে আলোচনা কবিতা বঙালী
34593
https://as.wikipedia.org/wiki/%E0%A6%89%E0%A6%A6
উদ
উদ এবিধ উভচৰ প্ৰাণী। উদ সাধাৰণতে নৈ,জান-জুৰি,হ্ৰদ,দ-পথাৰ,পুখুৰী আদিত থাকে। পানীৰ কাষত থকা শিলৰ ফাঁক,গছৰ শিপাৰ ফাঁক বা জোপোহাৰ মাজতো সোমাই থাকে। ইহঁতে পানীত সাঁতুৰি-নাদুৰি ঘূৰি ফুৰে যদিও মাটিতো সমানেই ঘূৰি-ফুৰা দেখা যায় বাবেই উদক উভচৰ প্ৰাণী বলি কোৱা হয়। মাটি আৰু পানী দুয়ো স্থানতে সমানে ঘূৰিব পৰাকৈ ইহঁতৰ শৰীৰ গঠিত। উদৰ দৰে মাটিত থকা প্ৰাণীৰ ভিতৰত অন্য কোনো জন্তু পানীত ইমান শক্তিশালী নহয়। উদৰ প্ৰধান খাদ্য মাছ। উদ মাছ ধৰাত পাকৈত। মাছমৰীয়াই মাছ মাৰিবলৈ ভেটা দিয়া সময়ত নাথাকিলে উদে সকলো মাছ খাই পেলাব পাৰে। সেয়েহে আমাৰ মাজত এষাৰ প্ৰবচন আছে যে “উদক ভেটা ৰখীয়া পতা”। উদ অষ্ট্ৰেলিয়াৰ বাহিৰে পৃথিৱীৰ সকলো ঠাইতেই পোৱা যায়। অসমতো ইয়াৰ বহু প্ৰজাতি আছে। উদ সাধাৰণতে মানুহৰ চকুত ধৰা ="গ্ৰন্থ ১" উদৰ প্ৰজাতিসমূহ উদৰ মুঠতে তেৰটা বিভিন্ন প্ৰজাতি পোৱা যায়। এইবোৰ হ'ল- 2008 1999 গোত্ৰ গোত্ৰ গোত্ৰ গোত্ৰ গোত্ৰ গোত্ৰ গোত্ৰ গোত্ৰ গোত্ৰ গোত্ৰ গোত্ৰ সাধাৰণ উদ -বৈজ্ঞানিক নাম সাধাৰণ উদৰ ৰং বগা মটিয়া বৰণৰ। উদৰ গাটো খহটা। নেজৰ আগ অংশ খীণ যদিও গুৰি অংশ যথেষ্ট শকত আকাৰৰ হয়। এই নেজডালৰ গুৰি অংশত এজোৰ গোন্ধযুক্ত গ্ৰন্থি থাকে। কাণ দুখন সৰু আৰু নোমেৰে ঢাক খাই থাকে। আগৰ ঠেং দুখন সৰু আৰু পিছৰ ঠেং দুখন পতাযুক্ত। মূৰটো চেপেটা। গাটোত দুই ধৰণৰ নোম থাকে। এভাগ দীঘল আৰু এভাগ চুটি চুটিকৈ গাৰ ছালৰ লগত মিলি থাকে। নাকৰ ফুটাকেইটাৰ ওপৰত পথালিকৈ কিছুমান নোম থাকে। এনে ধৰণৰ নোম থকাৰ বাবে পানীৰ ওপৰলৈ আহিলে তিতি থকা যেন নালাগে। এই নোমৰ দ্বাৰা শীত নিবাৰণৰ সহায়ক হয়। ইহঁত ২-৪ ফুট পৰ্যন্ত দীঘল হয়। সমভূমিৰ উদ -বৈজ্ঞানিক নাম এইবিধ উদৰ গাৰ ৰং ক’লা,ডাঠ মুগা হালধীয়া। নাকৰ ওপৰত থকা নোম পোন। দীঘল দুই-আঢ়ৈ ফুট। নেজ ১৬-১৮ ইঞ্চি দীঘল। ওজন ৭-১০ কিল’গ্ৰাম পৰ্যন্ত। এইবিধ উদ হিমালয়ৰপৰা দক্ষিণ ভাৰতলৈকে সকলো স্থানতে পোৱা যায়। ম্যানমাৰ,ইন্দোচীন,মালয়তো পোৱা যায়। উৰিষ্যাত মাছমৰীয়াবিলাকে এইবিধ উদক মাছ ধৰিবলৈ প্ৰশিক্ষণ দিয়ে। এই অঞ্চলসমূহত উদক পোহনীয়া কৰি সাগৰত মেলি দিয়ে। সিহঁতে যিমান পাৰে মাছ ধৰি গৰাকীক দিয়ে আৰু গৰাকীয়ে খাদ্যৰ বাবে সিহঁতক প্ৰয়োজনীয়খিনি দিয়ে। বাকী মাছবোৰ গৰাকীয়ে বেপাৰ কৰে। এনেকৈ আধা উদে আৰু আধা গৰাকীয়ে লয়। সেয়ে এই অঞ্চলসমূহত উদ মাছমৰীয়াৰ প্ৰিয় বন্ধু। সৰুনখীয়া উদ -বৈজ্ঞানিক নাম এইবিধ উদৰ প্ৰধান খাদ্য মাছ হ’লেও, ই মাছতকৈ কেঁকোৰা,শামুক আদিহে বেছিকৈ খায়। বাকী দুবিধৰ তুলনাত ইহঁতৰ আকাৰ ডেৰ ফুটমান হ’ব। পঞ্জাব,অসম আদি ঠাইত এইবিধ উদ পোৱা যায়। ইহঁতৰ নখবোৰ চুটি যদিও পোৱালি অৱস্থাত অলপ দেখা যায় আৰু ডাঙৰ হৈ অহাৰ লগে লগে এই নখবোৰ চকুত নপৰা হয়। সেইকাৰণে ইহঁতক সৰুনখীয়া উদ বুলি কয়। উদৰ বাসস্থান উদ সাধাৰণতে মাটিত গাঁত কৰি থাকে। এই গাঁতৰ এটা বৈশিষ্ট্য আছে। গাঁতটোৰ এফালে পানীলৈ যাব পৰাকৈ আৰু আনফালে মাটিলৈ যাব পৰাকৈ ফুটা থাকে। উদে একে ঠাইতে বহু বছৰ বসবাস কৰে যদিও খাদ্যৰ অভাৱ হ’লে স্থান পৰিবৰ্তনো কৰা দেখা যায়। উদৰ প্ৰাধান খাদ্য মাছ। মাছ বিচাৰি একে ৰাতিতে প্ৰায় ১০-১৬ মাইল পৰ্যন্ত যাব পাৰে। ঘৰৰ কাষত পথাৰ বা জান-জুৰি থাকিলে ইহঁতক সহজে চাব পাৰি। উদৰ বসতিস্থান বিচাৰি উলিয়াবলৈ সহজ। বিশেষকৈ উদে প্ৰায়ে একে ঠাইতে মলত্যাগ কৰে। এই মলবোৰ গাঁতৰ ওচৰত দ’ম হৈ থকাৰ লগতে মুখৰপৰা উলিয়াই পেলোৱা মাছৰ কাঁইট,বাকলি আদি থাকে। জীৱন –চক্ৰ উদ স্তন্যপায়ী জন্তু। উদে বসম্ত আৰু গ্ৰীষ্ম কালত বেছিকৈযোৰ পাতে যদিও অন্য সময়তো কম-বেচি পৰিমাণেযোৰ নপতা নহয়। ইহঁতে পানীৰ তলতযোৰ পাতে আৰু ২-৪টা পৰ্যন্ত পোৱালি দিয়ে। জন্মৰ সময়ত পোৱালিবোৰৰ দাঁত নগজে আৰু চকু মেল নাখায়। এমাহমানৰ পাছতে চকু দুটা মেল খায়। ইহঁতৰ গাঁতটোত পোৱালিৰ বাবে শুকান ঘাঁহ-বন আদি পাৰি কোমল কৰি দিয়ে। এনেকৈ পোৱালিবোৰ ডাঙৰ হোৱালৈকে মাকেই লালন-পালন কৰাৰ লগতে মাটি-পানী দুয়োটাতে প্ৰশিক্ষণো দিয়ে। তিনিমাহ মানৰপৰা পোৱালিবোৰ পানীত ভালকৈ সাঁতুৰিব পাৰে। প্ৰথম অৱস্থাত মাকে পোৱালিবোৰক পানীলৈ ঠেলি দিয়াৰ লগতে এটা মাছ মাকজনীয়ে মুখত লৈ দ ঠাইলৈ গুচি যায়। মাকৰ মুখৰপৰা পোৱালিবোৰে মাছটো আনিবলৈ যাওঁতেই সাঁতোৰ শিকিব পৰা হয়। এনেকৈ দুই-তিনি বছৰমানৰ পাছত পোৱালিবোৰ প্ৰাপ্তবয়স্ক হয় আৰুযোৰ পাতে। খাদ্য উদৰ প্ৰধান খাদ্য মাছ। কেতিয়াবা পানীত চৰি থকা হাঁহ জাতীয় চৰাইবোৰ পানীৰ তলে তলে গৈ ঠেংখনত ধৰি লৈ গৈ খায়। মাছৰ অভাৱ হ’লে কেঁকোৰা,ভেকুলী আদি খোৱাৰ লগতে কিছুমান গছৰ পাতো খোৱা তথ্য পোৱা যায়। চিকাৰৰ কৌশল উদে সাধাৰণতে ৰাতিহে মাছ মাৰিবলৈ ওলায়। কেতিয়াবা দিনৰ ভাগতো নমৰা নহয়। মাছ মাৰি গৈ থাকোঁতে খায়ো গৈ থাকে। কেতিয়াবা ডাঙৰ মাছ ধৰিলে পাৰলৈ আনিহে খায়। উদৰ দাঁতবোৰ জোঙা আৰু মজবুত। গুৰি দাঁত মাছৰ মূৰ-খোলা আদি গুৰি কৰিবৰ বাবে সুবিধা হয়। ইহঁতৰ নাসাৰন্ধ্ৰত ভালভ থকাৰ বাবে পানী নোসোমায়। উদ পানীত বিভিন্ন ভংগিমাত সাঁতুৰিব পাৰে। গাটো লাহী কৰি অঁকাই-পকাই সাতুৰি যাব পৰা কৌশল জানে। সাঁতুৰি যাওঁতে মুখখন কোঁচ খাই যায়। পিছ ঠেং দুখনত পতা থকা বাবে সাঁতুৰিবলৈ সহায় হয়। সাঁতুৰি যোৱাৰ সময়ত আগঠেং আৰু নেজেৰেও সহায় কৰে। কেতিয়াবা বহুত সময় পানীৰ তলতে থাকিবও পাৰে। স্থিতি তথা সংৰক্ষণ এই প্ৰাণীবিধ জীয়াই থাকিবলৈ বিভিন্ন বাধাৰ সন্মুখীন হব লগা হৈছে। নৈ,জান,জুৰিৰ কাষত আৰু দ পথাৰ আদি পুতি মানুহৰ বসতিস্থান কৰা বাবে ইহঁত সাধাৰণতে আমাৰ পৰিবেশৰপৰা আঁতৰি যাবলৈ বাধ্য হৈছে। যাৰ বাবে ইহঁতৰ বংশ বৃদ্ধি কমিবলৈ ধৰিছে। তথ্য সংগ্ৰহ স্তন্যপায়ী প্ৰাণী মাংসভোজী জলচৰ
34685
https://as.wikipedia.org/wiki/%E0%A6%9C%E0%A6%B2%20%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%82%E0%A6%B7%E0%A6%A3
জল প্ৰদূষণ
জল বিশুদ্ধ পানী জীৱজগতৰ এক অপৰিহাৰ্য উপাদান। পানী অবিহনে জীৱই জীৱন নিৰ্বাহ কৰিব নোৱাৰে। এই পানীৰ উৎসসমূহ হ’ল সাগৰ, নদী, হ্ৰদ, পুখুৰী, খাল, বিল, ভূগৰ্ভৰ পানী আৰু জলীয় বাষ্প। খোৱাৰ বাবে উপযোগী পানীত পৰ্যাপ্ত পৰিমাণৰ পৌষ্টিক উপাদান যেনে খনিজ লৱণসমূহ থকাটো প্ৰয়োজন। উল্লেখযোগ্য যে বিশ্বৰ মুঠ প্ৰাকৃতিক খোৱা পানীৰ উৎসৰ শতকৰা ৬০ ভাগ আমেৰিকা আৰু )ৰ জলধাৰাসমূহত মজুত আছে। যেতিয়া কোনো প্ৰাকৃতিক কাৰণত নাইবা মানুহৰ কাৰ্যকলাপৰ ফলত জৈৱ, অজৈৱ, নাইবা জৈৱিক কাৰকবোৰৰ প্ৰভাৱত পানীৰ সাধাৰণ গুণাগুণ বিনষ্ট হৈ মানুহৰ গ্ৰহণৰ অনুপযোগী হয় তেতিয়া তেনে পানীক দূষিত পানী আৰু যি পদ্ধতিত পানী দূষিত হয় তাক জল প্ৰদূষণ বোলা হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ ১৯৯৩ চনৰ এক সমীক্ষা মতে, ভাৰতৰ সকলো ৰোগৰ শতকৰা ১১ভাগ আৰু সোঁচৰা ৰোগৰ ২১ ভাগ উদ্ভৱ হয় প্ৰদূষিত পানীৰ কাৰণেই বৰ্তমান ভাৰতৰ ৭০% নদী আৰু জান-জুৰিয়ে প্ৰদূষিত পানী বহন কৰি আছে। জল প্ৰদূষণৰ কাৰণ যিহেতু পানীয়ে বহুতো জৈৱ আৰু অজৈৱ যৌগ দ্ৰবীভূত কৰিব পাৰে সেইবাবে জল প্ৰদূষণৰ বাবে অতি স্পৰ্শকাতৰ। ঔদ্যোগিক প্ৰদূষণ কাৰক কল-কাৰখানাৰপৰা নিৰ্গত হোৱা ধাতৱ পদাৰ্থবিলাক বৰষুণৰ পানীয়ে মাটিৰ উপৰিভাগৰ পৰা উটুৱাই নি নৈ, বিল, পুখুৰী নাইবা ডাঙৰ জলাশয় আদিত পেলাই দি পানী প্ৰদূষিত কৰে। কাৰণ এই ধাতৱ পদাৰ্থবিলাকত ক্লৰি’ন, কষ্টিক ছ’ডা, ফেনল, ছায়েনাইড, এম’নিয়া, পাৰা, সীহ, তাম, আৰ্ছেনিক, কেডমিয়াম প্ৰভৃতি বিষাক্ত পদাৰ্থ থাকে। ঔষধ কাৰখানাৰ পৰা নি:সৃত নানাবিধ ৰাসায়নিক পদাৰ্থয়েও পুখুৰী তথা নদীৰ পানী প্ৰদূষিত কৰে। নগৰীকৰণ জনসংখ্যা বৃদ্ধিৰ লগে লগে নগৰীকৰণ বৃদ্ধি হৈ গৈ আছে। চহৰ বা নগৰৰ মানুহৰ ঘৰত দৈনিক সৃষ্টি হোৱা আৱৰ্জনাবোৰ প্ৰায়েই নদ-নদী, পুখুৰী আদি জলাশয়ত নিক্ষেপ কৰা হয়। এই আৱৰ্জনাসমূহৰ ভিতৰত প্লাষ্টিক, পলিথিন বেগ, ৰবৰ, ধূলি-বালি, ঘৰচীয়া প্ৰাণীৰ মলমূত্ৰ, কাগজ, ৰন্ধন প্ৰণালীত ব্যৱহাৰ নোহোৱা অলাগতিয়াল পদাৰ্থসমূহ, ঔষধ আদিয়েই প্ৰধান। এইবোৰে পানীত নানা ৰাসায়নিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি পানী দূষিত কৰে ফলত তাত থকা প্ৰাণীৰ মৃত্যু হয়। কৃষিকাৰ্য্যৰ পৰা প্ৰদূষণ জনসংখ্যা বৃদ্ধিৰ লগে লগে মাটিৰ অভাৱত অলপ মাটিতে অধিক শস্য লাভৰ আশাত নানা ধৰণৰ মাৰাত্মক কীটনাশক, আগাছানাশক নাইবা সাৰ ব্যৱহাৰ কৰা হয়। শস্যই গ্ৰহণ কৰাৰ পিছত বহুতো ৰাসায়নিক দ্ৰব্য মাটিত ৰৈ যায়। বৰষুণৰ পানীয়ে সেইবোৰ উটুৱাই নি পুখুৰী, নদী, বিল বা আন জলাশয়ত পেলাই পানী দূষিত কৰে। যান-বাহনৰ দ্বাৰা প্ৰদূষণ নদী, হ্ৰদ, সাগৰ আদিত চলা যান-বাহন বোৰৰ পৰা ওলোৱা তৈলজাতীয় বিষাক্ত পদাৰ্থই জল প্ৰদূষণ কৰে। যুদ্ধ বিগ্ৰহৰ কাৰণেই হওক বা দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণতেই হওক বহু হাজাৰ টন তেল কঢ়িয়াই অনা তেলবাহী জাহাজ সাগৰত নিমজ্জিত হোৱাৰ কাৰণে সাগৰৰ পানী প্ৰদূষিত হয়। তেজষ্ক্ৰিয় পদাৰ্থৰ দ্বাৰা –প্ৰদূষণ আনবিক চুলা আৰু পাৰমাণবিক বিষ্ফোৰণৰ ফলত বায়ুমণ্ডলত নানাবিধ তেজষ্ক্ৰিয় পদাৰ্থৰ সৃষ্টি হয়। বৰষুণৰ লগত এই তেজষ্ক্ৰিয় পদাৰ্থবোৰ নদী, হ্ৰদ, সাগৰ নতুবা আন জলাশয়ত পৰি তাৰ পানী প্ৰদূষিত কৰে। সাগৰত কৰা নানাধৰণৰ পাৰমাণবিক পৰীক্ষাৰ ফলতো সাগৰৰ পানী প্ৰদূষিত হয়। তদুপৰি পৰীক্ষাগাৰ, চিকিৎসালয়, আণবিক শক্তিৰ উদ্যোগ আদিৰ পৰা ওলোৱা আৱৰ্জনাটো তেজষ্ক্ৰিয় পদাৰ্থ থাকে। সেয়েহে এই আৱৰ্জনাবোৰ কোনো জলাশয়ত পেলালে তাৰ পানী দূষিত হয়। তাপীয় প্ৰদূষক নদীৰ ওপৰত গঢ়ি উঠা কিছুমান উদ্যোগত নদীৰ পানী গৰম বস্তু ঠাণ্ডা কৰাত ব্যৱহাৰ কৰা হয়। পিছত গৰম হৈ পৰা এই পানীখিনি পুনৰ নদীত পেলাই দিয়া হয়। এই গৰম পানীয়ে জলজ পৰিবেশ বিনষ্ট কৰি পানী দূষিত কৰে। জল প্ৰদূষণৰ প্ৰভাৱ জল প্ৰদূষণৰ ফলত জীৱজগত বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হব পাৰে। খাল, নৰ্দমা, পুখুৰী, বিল, নদী আদিৰ প্ৰদূষিত পানীত অসংখ্য ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া আৰু অণুজীৱৰ সৃষ্টি আৰু বিকাশ হয়। এই পানীৰ দ্বাৰা সংক্ৰমিত প্ৰধান ৰোগসমূহ হ’ল টাইফয়েড, কলেৰা বিভিন্ন ধৰণৰ পেটৰ ৰোগ যেনে আমাশয়, এমিবিছিছ ইত্যাদি। ঔদ্যোগিক ক্ষেত্ৰৰ পৰা নি:ক্ষিপ্ত হোৱা আৰ্ছেনিক, সীহ, পাৰা আদি প্ৰাণীৰ বাবে ক্ষতিকাৰক আৰু ইয়ে প্ৰাণীৰ স্নায়ুৰোগ সৃষ্টি কৰে। মৃত উদ্ভিদদেহৰ পচনৰ সময়ত যথেষ্ট পৰিমাণে পানী আৰু অক্সিজেনৰ প্ৰয়োজন হয়। ফলত পানীত থকা অক্সিজেনৰ পৰিমাণ কমি যায় আৰু ইয়ে জলচৰ প্ৰাণীবোৰৰ কাৰণে মৃত্যু কঢ়িয়াই আনে। আনহাতে, মৃত দেহৰ পচনৰ সময়ত হোৱা অতিমাত্ৰা দুৰ্গন্ধই বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে যাৰ ফলত পানীৰ ৰ পৰিমাণ সলনি হয়। ডি.ডি.টি, ৰ দৰে কীটনাশকবিলাক পানীত দ্ৰবীভূত নহয় যদিও শৰীৰৰ লিপিড অংশৰ প্ৰতি ইয়াৰ আসক্তি সৰ্বাধিক। এই যৌগবোৰ জীৱৰ দেহত জমা হয় আৰু খাদ্য শৃঙ্খলৰ মাজেৰে এটা প্ৰাণীৰ পৰা আনটো প্ৰাণীলৈ পৰিবাহিত হয়। ডি.ডি.টি.ৰ প্ৰভাৱত চৰাইৰ কণীৰ খোলা পাতল হয়। পাৰা আৰু কেডমিয়াম প্ৰদূষণে মানুহৰ লগতে জীৱ-জন্তুৰ দেহটো নানা ৰোগৰ সৃষ্টি কৰে। কেডমিয়ামে মানুহৰ ইটাই-ইটাই ৰোগৰ সৃষ্টি কৰে। এই ৰোগ হ’লে অস্থিৰ বিষ তথা যকৃত নাইবা হাওঁফাওঁৰ কৰ্কট ৰোগ হয়। ১৯৫২ চনত জাপানৰ ঔদ্যোগিক ক্ষেত্ৰৰ পৰা নিৰ্গত হোৱা পাৰাই প্ৰদূষিত কৰা মিনিমাটা অখ্যাতত সাগৰীয় মাছ সেৱন কৰাৰ ফলত মানুহৰ মিনিমাটা ৰোগ হৈছিল। এই ৰোগৰ লক্ষণসমূহ হ’ল –ৰোগীজনৰ ভৰি, ওঁঠ আৰু জিভা ফুলি উঠে আৰু চকুৰ দৃষ্টিশক্তি কমি যায়। ফ্ল’ৰাইডযুক্ত পানী বেছিকৈ সেৱন কৰিলে অস্থি ফ্ল’ৰছিছ ৰোগ হয়। নাইট্ৰেট অতি বিষাক্ত প্ৰদূষক। নাইট্ৰেট যুক্ত পানী সেৱন কৰিলে গৰ্ভজাত শিশুৰ মৃত্যু হয়। জল প্ৰদূষণ নিয়ন্ত্ৰণৰ উপায় জল প্ৰদূষণ ৰোধ কৰিবলৈ কোনো এটা নিৰ্দিষ্ট ফৰ্মুলা বা আহিলা নাই। কিন্তু নানা ধৰণৰ প্ৰযুক্তিবিদ্যা, নিয়ম আৰু আইনৰ ঐক্যবদ্ধ সহযোগত জল প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পৰা যায়। উদ্যোগ, নলা-নৰ্দমা আদিৰ পানীৰ লগত অহা বৰ্জিত দ্ৰব্যসমূ্হ পৃথক্কৰণ প্ৰক্ৰিয়াৰে পৃথক কৰা প্ৰয়োজন। ইয়াৰ পিছত পানীত দ্ৰবীভূত হৈ থকা বিষাক্ত পদাৰ্থ আৰু অনুজীৱবোৰ পৰিশোধন প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিহে নদী বা পুখুৰীত নিষ্কাশিত কৰিব লাগে। কীটনাশক দৰৱ ব্যৱহাৰৰ পৰিৱৰ্ত্তে কীটৰ জৈৱিক নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। গোবৰ গেছ প্ৰকল্প স্থাপন কৰি বৰ্জিত মলমূত্ৰ নাইবা আন আন পদাৰ্থসমূহৰ পুনৰাবৰ্তন কৰা প্ৰয়োজন। প্ৰাকৃতিক পানীৰ উৎসবিলাক ভালদৰে সংৰক্ষণ কৰা উচিত। কল-কাৰখানা সমূহ এই উৎসবিলাকৰ পৰা আঁতৰত থকাটো প্ৰয়োজন। নদ-নদী, পুখুৰী আদিত গা-ধোৱা নতুবা কাপোৰ ধোৱাৰ পৰা বিৰত থাকিব লাগে। বৰষুণৰ পানী খাল নাইবা নলা-নৰ্দমাৰ জৰিয়তে নিৰ্দিষ্ট ঠাইলৈ বৈ যাবলৈ দিব লাগে যাতে ই খোৱা পানীৰ উৎসবিলাক দূষিত নকৰে। বনানীকৰণৰ যোগেদি মাটিৰ খহনীয়া ৰোধ কৰিব লাগে। উদ্যোগসমূহে যাতে বৰ্জিত পদাৰ্থসমূহ পানীত পেলাই পানী প্ৰদূষিত কৰিব নোৱাৰে তাৰ বাবে আইন প্ৰণয়ন কৰিব লাগে। তথ্য সংগ্ৰহ
71253
https://as.wikipedia.org/wiki/%E0%A6%97%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A6%9F%E0%A7%80%20%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC%E0%A7%B0%20%E0%A6%B8%E0%A7%88%E0%A6%A4%E0%A7%87%20%E0%A6%B8%E0%A6%82%E0%A6%AF%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%20%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9%E0%A7%B0%20%E0%A6%A4%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%95%E0%A6%BE
গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত মহাবিদ্যালয়সমূহৰ তালিকা
স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়সমূহ অনন্দৰাম বৰুৱা একাডেমী বি.এড. মহাবিদ্যালয়, পাঠশাল (বৰপেটা) বৰপেটা বি টি মহাবিদ্যালয় (বৰপেটা) অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, লংকেশ্বৰ আতাউৰ ৰহমান শিক্ষা মহাবিদ্যালয়, উদমাৰী কালগচী (বৰপেটা) বজালী টি টি কলেজ, পাটাচাৰকুছি শিক্ষা মহাবিদ্যালয় বকো কামৰূপ ড. অনিতা বৰুৱা শৰ্মা শিক্ষা মহাবিদ্যালয়, গুৱাহাটী (কামৰূপ) দক্ষিণ গুৱাহাটী বি.এড. মহাবিদ্যালয়, গুৱাহাটী দমদমা বি.এড. কলেজ, কুলহাটি (কামৰূপ) দেওমৰনৈ বি.এড. মহাবিদ্যালয়, দেওমৰনৈ (দৰং) দুধনৈ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, দুধনৈ (গোৱালপাৰা) পূব গুৱাহাটী বি.এড. মহাবিদ্যালয়, গুৱাহাটী ফেকাল্টি কলেজ অৱ এডুকেচন, উত্তৰ গুৱাহাটী (কামৰূপ) গোসাইগাঁও বি.এড. মহাবিদ্যালয়, গোসাইগাঁও (কোকৰাঝাৰ) চৰকাৰী বাণীকান্ত শিক্ষক শিক্ষা মহাবিদ্যালয়, গুৱাহাটী (কামৰূপ) চৰকাৰী শিক্ষক শিক্ষা মহাবিদ্যালয়, কোকৰাঝাৰ (কোকৰাঝাৰ) চৰকাৰী শিক্ষক শিক্ষা মহাবিদ্যালয়, তেজপুৰ (শোনিতপুৰ) গুৰুদেৱ কালিচৰণ ব্ৰহ্ম মহাবিদ্যালয়, টিপকাই (কোকৰাঝাৰ) ইম্পেৰিয়েল কলেজ অৱ এডুকেচন, দিছপুৰ (কামৰূপ) কে.আৰ.ডি. শিক্ষা মহাবিদ্যালয়, ছায়গাঁও (কামৰূপ) কালিয়াবৰ শিক্ষা মহাবিদ্যালয়, কোঁৱৰীটোল (নগাঁও) কৃষ্ণ বৰা বি.এড. মহাবিদ্যালয়, লংকা অসম মঙ্গলদৈ চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, মঙ্গলদৈ (দৰং) নলবাৰী বি এড কলেজ, নলবাৰী ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা প্ৰতিষ্ঠান, ক্ষেত্ৰী (কামৰূপ) পি.জি. শিক্ষা মহাবিদ্যালয়, তেজপুৰ (শোনিতপুৰ) পশ্চিম নলবাৰী বি.এড. মহাবিদ্যালয়,(নলবাৰী) প্ৰাগজ্যোতিষ বি.এড. মহাবিদ্যালয়, পাচৰিয়া ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ৰঙিয়া (কামৰূপ) চিপাঝাৰ বি.এড. কলেজ, চিপাঝাৰ (দৰং) শিক্ষকৰ প্ৰশিক্ষণ মহাবিদ্যালয়, (মিৰ্জা) পশ্চিম গুৱাহাটী শিক্ষা মহাবিদ্যালয়, কোটিহাটি আইন মহাবিদ্যালয়সমূহ বৰপেটা আইন মহাবিদ্যালয়, বৰপেটা বিশ্বনাথ আইন মহাবিদ্যালয়, শোনিতপুৰ বঙাইগাঁও আইন মহাবিদ্যালয়, বঙাইগাঁও বিআৰএম চৰকাৰী আইন মহাবিদ্যালয়,কামৰূপ ড. বি. আৰ. অম্বেদকাৰ আইন মহাবিদ্যালয়, কামৰূপ ধুবুৰী আইন মহাবিদ্যালয় দিছপুৰ আইন মহাবিদ্যালয় গোৱালপাৰা আইন মহাবিদ্যালয় চৰকাৰী বি.আৰ. মেধি আইন মহাবিদ্যালয়, গুৱাহাটী জে.বি ল কলেজ, কামৰূপ কোকৰাঝাৰ আইন মহাবিদ্যালয় মঙ্গলদৈ আইন মহাবিদ্যালয়, দৰং মৰিগাঁও আইন মহাবিদ্যালয়,মৰিগাঁও নলবাৰী আইন মহাবিদ্যালয় এন ই এফ আইন মহাবিদ্যালয় নাওগং আইন মহাবিদ্যালয় তেজপুৰ আইন মহাবিদ্যালয় ইউনিভাৰ্সিটি ল কলেজ, গুৱাহাটী বৰ্ণানুক্ৰমিকভাৱে অন্যান্য মহাবিদ্যালয়ৰ তালিকা অ-ঔ অভয়াপুৰী মহাবিদ্যালয়,অভয়পুৰী (বঙাইগাঁও) অমৃত চন্দ্ৰ ঠাকুৰীয়া বাণিজ্য মহাবিদ্যালয় (কামৰূপ) আইকন কমাৰ্চ কলেজ,গুৱাহাটী (কামৰূপ) আগিয়া মহাবিদ্যালয়, আগিয়া (গোৱালপাৰা) আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, নগাঁও। আৰ.চি. চহৰীয়া টি.টি. কলেজ, টাংলা (ওদালগুৰি) আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়, গুৱাহাটী আলমগঞ্জ ৰঙামাটি মহাবিদ্যালয়, আলমগঞ্জ (ধুবুৰী) আলহাজ চুনাই বিবি চৌধুৰী মহাবিদ্যালয়, লংকা (নগাঁও) কলেজ অফ কম্পিউটাৰ এডুকেচন ইনষ্টিটিউট অৱ ষ্ট্ৰেটেজিক বিজনেছ মেনেজমেণ্ট (আই.এছ.বি.এম), গুৱাহাটী (কামৰূপ) ইন্দিৰা গান্ধী মহাবিদ্যালয়, বৈটামাৰী (বঙাইগাঁও) ইম্পেৰিয়া কলেজ ন, দিচপুৰ (কামৰূপ) উ.এন. ব্ৰহ্ম মহাবিদ্যালয়, কাজলগাঁও, (চিৰাং) উত্তৰ কামপীঠ মহাবিদ্যালয়, জাগৰা (নলবাৰী) উত্তৰ কামৰূপ মহাবিদ্যালয়, বাঘমাৰা (বৰপেটা) উত্তৰ বৰপেটা মহাবিদ্যালয়, চানকুচি (বৰপেটা) উদালি মহাবিদ্যালয়, বামুণগাঁও (নগাঁও) এ.চি এ জুনিয়ৰ কলেজ, মিছামাৰী (বিশ্বনাথ) এ.ডি.পি. মহাবিদ্যালয়, নগাঁও (নগাঁও) এছ.ডি.পি. শিক্ষক শিক্ষা মহাবিদ্যালয়, টিহু এফ.এ. আহমেদ মহাবিদ্যালয়, গোৰাইমাৰী, তুকৰাপাৰা (কামৰূপ) এম.এন.চি. বালিকা মহাবিদ্যালয়, নলবাৰী এম.চি. কলেজ, বৰপেটা (বৰপেটা) এল.চি. ভৰালী মহাবিদ্যালয়, গুৱাহাটী এল.জি.বি. ছোৱালী মহাবিদ্যালয়, তেজপুৰ (শোণিতপুৰ) ওদালগুৰি মহাবিদ্যালয়,ওদালগুৰি (ওদালগুৰি) ক-ঙ কনপাই বৰদলৈ মহাবিদ্যালয়, বৰচিলা (মৰিগাঁও) কন্যা মহাবিদ্যালয়, গুৱাহাটী কমাৰ্চ কলেজ, কোকৰাঝাৰ (কোকৰাঝাৰ) কয়াকুচি মহাবিদ্যালয়, কয়াকুচি (বৰপেটা) কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়, গুৱাহাটী কলাগুৰু বিষ্ণু ৰাভা ডিগ্ৰী মহাবিদ্যালয়, ওৰাং (ওদালগুৰি) কলাবাৰী মহাবিদ্যালয়, কলাবাৰী (শোণিতপুৰ) কাটাহগুৰি মহাবিদ্যালয়, টুকটুকি (নগাঁও) কামপুৰ মহাবিদ্যালয়, কামপুৰ (নগাঁও) কামৰূপ মহাবিদ্যালয়, চামতা (নলবাৰী) কালিয়াবৰ শিক্ষা মহাবিদ্যালয়, কোঁৱৰীটোল (নগাঁও) কৃষ্ণ বৰা বি.এড. মহাবিদ্যালয়, লংকা কৃষ্ণগুৰু মহাবিদ্যা, নসত্ৰ (বৰপেটা) কে.আৰ.ডি. শিক্ষা মহাবিদ্যালয়, ছায়গাঁও (কামৰূপ) কে.আৰ.বি. ছোৱালী মহাবিদ্যালয়, গুৱাহাটী কে.চি. দাস কমাৰ্চ কলেজ,গুৱাহাটী (কামৰূপ) কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় (কোকৰাঝাৰ) কোকৰাঝাৰ সংগীত আৰু সূক্ষ্ম কলা মহাবিদ্যালয়, কোকৰাঝাৰ ক্ষেত্ৰী ধৰ্মপুৰ মহাবিদ্যালয়, বৰি (নলবাৰী) খাগৰিজান মহাবিদ্যালয়, চোতাইবৰ (নগাঁও) খাৰুপেটিয়া মহাবিদ্যালয়, খাৰুপেটিয়া (দৰং) খৈৰাবাৰী মহাবিদ্যালয়, খৈৰাবাৰী (ওদালগুৰি) গুৱাহাটী বাণিজ্য মহাবিদ্যালয়, গুৱাহাটী (কামৰূপ) গুৱাহাটী মহাবিদ্যালয়,গুৱাহাটী (কামৰূপ) গোৰেশ্বৰ মহাবিদ্যালয়, গোৰেশ্বৰ (বাক্সা) গোৱালপাৰা মহাবিদ্যালয় (গোৱালপাৰা) গোৱালপাৰাৰ চৰকাৰী বি. টি. মহাবিদ্যালয় গোসাইগাঁও বি.এড. মহাবিদ্যালয়, গোসাইগাঁও (কোকৰাঝাৰ) গোসাইগাঁও মহাবিদ্যালয়, গোসাইগাঁও (কোকৰাঝাৰ) ঘনকান্ত বৰুৱা মহাবিদ্যালয়, মৰিগাঁও (মৰিগাঁও) চ-ঞ চটিয়া মহাবিদ্যালয়,চটিয়া (শোনিতপুৰ) চন্দ্ৰপুৰ মহাবিদ্যালয়, চন্দ্ৰপুৰ (কামৰূপ) চৰকাৰী কৃষ্ণকান্ত সন্দিকৈ সংস্কৃত মহাবিদ্যালয়, গুৱাহাটী (কামৰূপ) চৰকাৰী বাণিকান্ত শিক্ষক শিক্ষা মহাবিদ্যালয়, গুৱাহাটী (কামৰূপ) চৰকাৰী শিক্ষক শিক্ষা মহাবিদ্যালয় (চিটিই), তাক পুৰ (শোনিতপুৰ) চৰকাৰী শিক্ষক শিক্ষা মহাবিদ্যালয়, কোকৰাঝাৰ (কোকৰাঝাৰ) চৰকাৰী শিক্ষণ মহাবিদ্যালয়, নগাঁও (নগাঁও) চৰাইবাহি মহাবিদ্যালয়, চৰাইবাহি (মৰিগাঁও) চামুগুৰি মহাবিদ্যালয়, চামুগুৰি (নগাঁও) চাৰিদুৱাৰ মহাবিদ্যালয়, গহপুৰ (শোনিতপুৰ) চিপাঝাৰ বি.এড. মহাবিদ্যালয়, চিপাঝাৰ (দৰং) চিপাঝাৰ মহাবিদ্যালয়, চিপাঝাৰ (দৰং) চিলাৰাই মহাবিদ্যালয়,গোলাকগঞ্জ (ধুবুৰী) ছমৰিয়া আঞ্চলিক মহাবিদ্যালয়, ছমৰিয়া (কামৰূপ) ছয়গাঁও মহাবিদ্যালয়, ছয়গাঁও (কামৰূপ) ছয়দুৱাৰ মহাবিদ্যালয়,গহপুৰ (শোনিতপুৰ) ছোৱালী মহাবিদ্যালয় কোকৰাঝাৰ (কোকৰাঝাৰ) জনতা মহাবিদ্যালয়, (চেৰফাংগুৰি), কোকৰাঝাৰ জনপ্ৰিয়া মহাবিদ্যালয়, গোৰেমাৰী (বৰপেটা) জলেশ্বৰ মহাবিদ্যালয়, তপোবন (গোৱালপাৰা) জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকো (কামৰূপ) জাগীৰোড কলেজ,জাগীৰোড (মৰিগাঁও) জামদুৱাৰ মহাবিদ্যালয়, চৰাইবিল (কোকৰাঝাৰ) জি.এল. চৌধুৰী মহাবিদ্যালয়, বৰপেটা ৰোড (বৰপেটা) জুৰিয়া মহাবিদ্যালয়, ফাকুলী পথাৰ (নগাঁও) জেটৱিংছ ইনষ্টিটিউট অফ ফেশ্বন, ডিজাইন এণ্ড আৰ্কিটেকচাৰ,গুৱাহাটী (কামৰূপ মহানগৰ) জেটৱিংছ বিজনেছ স্কুল,গুৱাহাটী (কামৰূপ মহানগৰ) জ্ঞানপীঠ ডিগ্ৰী মহাবিদ্যালয়, নিকাছি (বক্সা) ট-ন টাংলা মহাবিদ্যালয়,টাংলা (ওদালগুৰি) টি.এইচ.বি. কলেজ, জামুগুৰিহাট (শোণিতপুৰ) টিহু কলেজ, টিহু (নলবাৰী) টুপামাৰি আঞ্চলিক কলেজ, টুপামাৰি (কামৰূপ) ড. অনিতা বৰুৱা শৰ্মা শিক্ষা মহাবিদ্যালয়, গুৱাহাটী (কামৰূপ) ড. বি. কে.বি. মহাবিদ্যালয়, পুৰাণীগুড়াম (নগাঁও) ড. বিৰিঞ্চি কুমাৰ বৰা মহাবিদ্যালয়, পুৰাণীগুড়াম (নগাঁও) ডাঃ.বি. বড়ো কৰ্কট প্ৰতিষ্ঠান ডালগোমা আঞ্চলিক মহাবিদ্যালয়, মাটিয়া (গোৱালপাৰা) ডিমোৰিয়া মহাবিদ্যালয়,ক্ষেত্ৰী (কামৰূপ) তামুলপুৰ ডিগ্ৰী মহাবিদ্যালয়, তামুলপুৰ (বাক্সা) তামুলপুৰ মহাবিদ্যালয়, তামুলপুৰ (বাক্সা) তেজপুৰ মহাবিদ্যালয়, তেজপুৰ (শোনিতপুৰ) থামনা আঞ্চলিক ডিগ্ৰী মহাবিদ্যালয়, থামনা (বাক্সা) দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়, মিৰ্জা (কামৰূপ) দক্ষিণ কামৰূপ মহাবিদ্যালয়, মিৰ্জা (কামৰূপ) দক্ষিণ গুৱাহাটী বি.এড. মহাবিদ্যালয়, গুৱাহাটী দক্ষিণ নলবাৰী মহাবিদ্যা, নিজ-বাহজনী (নলবাৰী) দক্ষিণ শালমাৰা মহাবিদ্যালয়, দক্ষিণ শালমাৰা (ধুবুৰী) দক্ষিণপত মহাবিদ্যালয়, ভোমোৰাগুৰি (নগাঁও) দমদামা বি.এড. কলেজ, কুলহাটি (কামৰূপ) দমদামা মহাবিদ্যালয়, কুলহাটি (কামৰূপ) দৰং মহাবিদ্যালয়,তেজপুৰ (শোনিতপুৰ) দিচপুৰ মহাবিদ্যালয়, গুৱাহাটী (কামৰূপ) দিছপুৰ আইন মহাবিদ্যালয়,দিছপুৰ দুধনৈ মহাবিদ্যালয়,দুধনৈ (গোৱালপাৰা) দুধনৈ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, দুধনৈ (গোৱালপাৰা) দুনি ডিগ্ৰী মহাবিদ্যালয় (দৰং) দেওমৰনৈ ডিগ্ৰী মহাবিদ্যালয়, দেওমৰনৈ (দৰং) দেওমৰনৈ বি.এড. মহাবিদ্যালয়, দেওমৰনৈ (দৰং) দ্ৰোণাচাৰ্য়্য মহাবিদ্যালয়, বৰপেটা ৰোড (বৰপেটা) ধমধমা আঞ্চলিক মহাবিদ্যালয়,ধমধমা (নলবাৰী) ধৰমতুল মহাবিদ্যালয়, আহাতগুৰি (মৰিগাঁও)) ধৰ্মশালা মহাবিদ্যালয়, ধৰ্মশালা (ধুবুৰী) ধিং মহাবিদ্যালয়, ধিং (নগাঁও) ধুবুৰী ছোৱালী মহাবিদ্যালয়, ধুবুৰী ধুবুৰী পি.জি.টি.টি. মহাবিদ্যালয়, ঝাগ্ৰাৰপাৰ (ধুবুৰী) নওগাঁ কলেজ,নগাঁও নওগাঁ ছোৱালী মহাবিদ্যালয়, নগাঁও নগাঁও জি.এন.ডি.জি. কমাৰ্চ কলেজ, পানীগাঁও (নগাঁও) নৰ্থ গুৱাহাটী কলেজ, গুৱাহাটী নলবাৰী কমাৰ্চ কলেজ, নলবাৰী নলবাৰী বি.এড. কলেজ, নলবাৰী নলবাৰী মহাবিদ্যালয়, নলবাৰী নলবাৰী সংস্কৃত মহাবিদ্যালয়, নলবাৰী (নলবাৰী) নৱজ্যোতি মহাবিদ্যালয়, কলগছিয়া (বৰপেটা) নৱশক্তি মহাবিদ্যালয়, মাজগাঁও (বৰপেটা) নাৰেংগী আঞ্চলিক মহাবিদ্যালয়,গুৱাহাটী (কামৰূপ) নিৰ্মল হালৈ মহাবিদ্যালয়, পাটাচাৰকুচি (বৰপেটা) নোনৈ মহাবিদ্যালয়, নোনৈ (নগাঁও) প-ম পশ্চিম গুৱাহাটি বাণিজ্য মহাবিদ্যালয়, গুৱাহাটী (মালিগাঁও) পশ্চিম গুৱাহাটী মহাবিদ্যালয়,গুৱাহাটী পশ্চিম গুৱাহাটী শিক্ষা মহাবিদ্যালয়, কোটিহাটি (কামৰূপ) পশ্চিম গোৱালপাৰা মহাবিদ্যালয়,আমবাৰী (গোৱালপাৰা) পশ্চিম বাৰিগোগ আঞ্চলিক মহাবিদ্যালয়, বাৰাংহাতী (কামৰূপ) পাচিম নলবাৰী বি.এড. মহাবিদ্যালয়, (নলবাৰী) পাণ্ডু কলেজ,মালিগাঁও (গুৱাহাটি) পাতিদৰং মহাবিদ্যালয়, লোচ (কামৰূপ) পি.জি. শিক্ষা মহাবিদ্যালয়, তেজপুৰ (শোনিতপুৰ) পুথিমাৰী মহাবিদ্যালয়, সোনেশ্বৰ (কামৰূপ) পুনে ইনষ্টিটিউট অফ বিজনেছ মেনেজমেণ্ট, গুৱাহাটী (কামৰূপ) পূব গুৱাহাটী বি.এড. মহাবিদ্যালয়, গুৱাহাটী (কামৰূপ) পূৱ কামৰূপ মহাবিদ্যালয়, বাইহাটা চাৰিআলি (কামৰূপ) পূৱ-বংশৰ কলেজ, পাছৰিয়া প্ৰগতি কলেজ, আগমনী (ধুবুৰী) প্ৰভিন্স কলেজ, গণেশগুৰি প্ৰমাথেশ বৰুৱা মহাবিদ্যালয়, গৌৰীপুৰ (ধুবুৰী) প্ৰাগজ্যোতিষ বি.এড. মহাবিদ্যালয়, পাছৰিয়া প্ৰাগজ্যোতিষ মহাবিদ্যালয়,গুৱাহাটী ফকিৰাগ্ৰাম মহাবিদ্যালয়, ফকিৰাগ্ৰাম (কোকৰাঝাৰ) ফেকাল্টি কলেজ অৱ এডুকেচন, উত্তৰ গুৱাহাটী (কামৰূপ) বঙাইগাঁও বি.এড. মহাবিদ্যালয়, (বঙাইগাঁও) বঙাইগাঁও মহাবিদ্যালয়, (বঙাইগাঁও) বজালী মহাবিদ্যালয়, পাঠশালা (বৰপেটা) বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, পাটাচাৰকুচি, (বৰপেটা) বটাদ্ৰাবা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়, বটাদ্ৰাবা (নগাঁও) বৰখেত্ৰী মহাবিদ্যালয়, মুকালমুৱা (নলবাৰী) বৰনগৰ বি.এড. মহাবিদ্যালয়, সৰভোগ (বৰপেটা) বৰনগৰ মহাবিদ্যালয়, সৰভোগ (বৰপেটা) বৰপেটা ছোৱালী মহাবিদ্যালয়, (বৰপেটা) বৰপেটা বঙাইগাঁও মহাবিদ্যালয়, লাংলা (বৰপেটা) বৰপেটা বি টি কলেজ, (বৰপেটা) বৰপেটা মহাবিদ্যালয়, (বৰপেটা) বৰপেটা ৰোড হাউলি কলেজ, হাওলি (বৰপেটা) বৰভাগ মহাবিদ্যালয়, কালাগ (নলবাৰী) বৰমা মহাবিদ্যালয়, বৰমা (বাক্সা) বসুগাঁও মহাবিদ্যালয়, বসুগাঁও (কোকৰাঝাৰ) বাইহাটা চাৰিআলি বি.এড. মহাবিদ্যালয়, বাইহাটা চাৰিআলি (কামৰূপ) বাউসি বানিকান্ত কাকতি মহাবিদ্যালয়, নগাঁও (বৰপেটা) বাগাধৰ ব্ৰহ্ম কিষাণ মহাবিদ্যালয়, জালাহঘাট (বাক্সা) বাপুজী মহাবিদ্যালয়, সৰ্থেবাৰী (বৰপেটা) বামুণ্ডি মহাবিদ্যা, বামুণ্ডি (কামৰূপ) বাস্কা মহাবিদ্যালয়, বাগানপাৰা (বাক্সা) বি. বড়ো মহাবিদ্যালয়,গুৱাহাটী (কামৰূপ) বি.এইচ.বি. মহাবিদ্যালয়, সৰুপেটা (বৰপেটা) বিএমবিবি কমাৰ্চ কলেজ, গুৱাহাটী বিকালি মহাবিদ্যালয়, ধুপধৰা (গোৱালপাৰা) বিজনী কলেজ, বিজনী (চিৰাং) বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ (কোকৰাঝাৰ) বিদ্যা ভাৰতী মহাবিদ্যালয়, শিঙাৰপাৰা (কামৰূপ) বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়, ৰামদিয়া (কামৰূপ) বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়,নগৰবেৰা (কামৰূপ) বিৰঝোৰা কন্যা মহাবিদ্যালয়, বঙাইগাঁও (বঙাইগাঁও) বিৰঝোৰা মহাবিদ্যালয়, বঙাইগাঁও (বঙাইগাঁও) বিলাসীপাৰা মহাবিদ্যালয়, বিলাসীপাৰা (ধুবুৰী) বিশ্বনাথ কমাৰ্চ কলেজ, বিশ্বনাথ (শোণিতপুৰ) বিশ্বনাথ মহাবিদ্যালয়,চাৰিআলি (শোণীতপুৰ) বিশ্বনাথ শিক্ষা মহাবিদ্যালয়, চাৰিআলি (শোনিতপুৰ) বেংটল মহাবিদ্যালয়, বেংটল (কোকৰাঝাৰ) বেইনষ্টাইন কলেজ, লখৰা বেজাৰা আঞ্চলিক কলেজ, বেজাৰা (কামৰূপ) বেলতলা কলেজ, গুৱাহাটী বেহালী ডিগ্ৰী মহাবিদ্যালয়, বৰগাং (শোনিতপুৰ) বোডোফা ইউ এন ব্ৰহ্ম মহাবিদ্যালয়, ডটমা (কোকৰাঝাৰ) ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়, ভৱানীপুৰ (বৰপেটা) ভূৰাগাঁও মহাবিদ্যালয়, ভূৰাগাঁও (মৰিগাঁও) ভোলানাথ মহাবিদ্যালয়, (ধুবুৰী) মঙ্গলদৈ চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, মঙ্গলদৈ (দৰং) মঙ্গলদৈ ডিগ্ৰী ছোৱালী মহাবিদ্যালয়, মঙ্গলদৈ (দৰং) মঙ্গলদৈ বাণিজ্য মহাবিদ্যালয়, মঙ্গলদৈ (দৰং) মঙ্গলদৈ মহাবিদ্যালয়,মঙ্গলদৈ (দৰং) মছলপুৰ মহাবিদ্যালয়, মছলপুৰ, (বাক্সা) মধ্য কামপীঠ মহাবিদ্যালয়, বৰকা, পাব-বৰকা (কামৰূপ) মধ্য কামৰূপ মহাবিদ্যালয়, চেংঙা (বৰপেটা) মনদিয়া আঞ্চলিক মহাবিদ্যালয়, মনদিয়া (বৰপেটা) মৰিগাঁও মহাবিদ্যালয়,মৰিগাঁও (মৰিগাঁও) মহাত্মা গান্ধী মহাবিদ্যালয়, চালন্তপাৰা (বঙাইগাঁও) মাজবাট মহাবিদ্যালয়, মাজবাট (ওদালগুৰি) মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়, মাণিকপুৰ (বঙাইগাঁও) মাধৱ চৌধুৰী মহাবিদ্যালয়, বৰপেটা মানকাছাৰ মহাবিদ্যালয়, মানকাছাৰ (ধুবুৰী) মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়, ৰঙিয়া (কামৰূপ) মায়ং আঞ্চলিক মহাবিদ্যালয়, ৰাজা-মায়ং (মৰিগাঁও) মিছামাৰী মহাবিদ্যালয়, মিছামাৰী (শোণিতপুৰ) মিলনজ্যোতি মহাবিদ্যালয়, ইটাৰভেটা (বৰপেটা) মুৰাজাৰ কলেজ, মুৰাজাৰ (নগাঁও) মৈৰাবাৰী মহাবিদ্যালয়, মৈৰাবাৰী (মৰিগাঁও) য-হ যমুনামুখ মহাবিদ্যালয়, যমুনামুখ (নগাঁও) ৰঙাপাৰা মহাবিদ্যালয়, ৰঙাপাৰা (শোনিতপুৰ) ৰঙিয়া কলেজ, ৰঙিয়া (কামৰূপ) ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ৰঙিয়া (কামৰূপ) ৰত্নপীঠ মহাবিদ্যালয়, চাপৰ (ধুবুৰী) ৰহা মহাবিদ্যালয় (নগাঁও) ৰাজীৱ গান্ধী মেম'ৰিয়েল কলেজ, লেংটিচিঙা (বঙাইগাঁও) ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়,গুৱাহাটী ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়, ৰামপুৰ (কামৰূপ) ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা প্ৰতিষ্ঠান, ক্ষেত্ৰী (কামৰূপ) ৰূপহী মহাবিদ্যালয়, ৰূপহী (নগাঁও) লংকা মহাবিদ্যালয়, লংকা (নগাঁও) লক্ষীপুৰ মহাবিদ্যালয়, লক্ষীপুৰ (গোৱালপাৰা) ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়,গুৱাহাটী লাচিত বৰফুকন কমাৰ্চ একাডেমী, মৰিকলং (নগাঁও) লামডিং কলেজ,লামডিং (নগাঁও) লুইতপাৰিয়া মহাবিদ্যালয়, কলাইৰদিয়া (বৰপেটা) লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়,ঢেকিয়াজুলি (শোণিতপুৰ) লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান শৰাইঘাট মহাবিদ্যালয়,চাংচাৰী (কামৰূপ) শালবাৰী মহাবিদ্যালয়, শালবাৰী (বাক্সা) শিক্ষন মহাবিদ্যালয়, নগাঁও শিক্ষা মহাবিদ্যালয়, গুৱাহাটী (কামৰূপ) শিক্ষা মহাবিদ্যালয়, নগাঁও শিক্ষা মহাবিদ্যালয়, বকো (কামৰূপ) শিক্ষা মহাবিদ্যালয়, মৰিগাঁও শুৱালকুছি বুদৰাম মাধ্ব সত্ৰাধিকাৰ মহাবিদ্যালয়, শুৱালকুছি (কামৰূপ) শ্ৰীমন্ত শংকৰ মাধৱ মহাবিদ্যালয়, ভাতকুচি (বৰপেটা) ষ্টেট কলেজ অৱ মিউজিক, গুৱাহাটী সন্দিকৈ ছোৱালি মহাবিদ্যালয়, আজাৰা, গুৱাহাটী সাপটগ্ৰাম মহাবিদ্যালয়, সাপটগ্ৰাম (ধুবুৰী) সুকুৰাম ভৰালী বাণিজ্য আৰু ব্যৱস্থাপনা মহাবিদ্যালয়, ক্ষেত্ৰী (কামৰূপ) সুৰেন দাস মহাবিদ্যালয়, হাজো (কামৰূপ) সোণতলি আঞ্চলিক মহাবিদ্যালয়, মহাতোলী (কামৰূপ) সোনাপুৰ মহাবিদ্যালয়, সোনাপুৰ (কামৰূপ) সোনাৰী মহাবিদ্যালয় (সোনাৰী) স্বদেশী বাণিজ্য মহাবিদ্যালয়, গুৱাহাটী স্বামী যোগানন্দ গীৰি মহাবিদ্যালয়, শক্তিআশ্ৰম (কোকৰাঝাৰ) হৰি গায়ত্ৰী দাস মহাবিদ্যালয়, গুৱাহাটী (কামৰূপ) হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়, নালিগাওঁ (বৰপেটা) হাজী আজমল আলী মহাবিদ্যালয় (নগাঁও) হাজী আনফৰ আলী কলেজ, ডবকা (নগাঁও) হাটশিঙিমাৰী মহাবিদ্যালয়,হাটশিঙিমাৰী, (ধুবুৰী) হাতীচোং মহাবিদ্যালয়, হাতীচোং (নগাঁও) হাতীধুৰা মহাবিদ্যালয়, হাতীধুৰা (কোকৰাঝাৰ) হাব্ৰাঘাট মহাবিদ্যালয়, কৃষ্ণাই (গোৱালপাৰা) হামিদাবাদ মহাবিদ্যালয়, জামাদৰহাট (ধুবুৰী) হালাকুৰা মহাবিদ্যালয়, মহামায়াহাট (ধুবুৰী) হিন্দুস্তান কলেজ, গুৱাহাটী হোজাই ছোৱালী মহাবিদ্যালয়, হোজাই (নগাঁও) হোজাই মহাবিদ্যালয়, হোজাই (নগাঁও) অসম সম্পৰ্কীয়
3386
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A6%BE%E0%A6%93%E0%A6%A8%E0%A6%BE
ভাওনা
অসমৰ সৰ্বতোকালৰ সৰ্বোত্তম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি অংকীয়া নাট ভাওনা। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা নাটসমূহক 'অংকীয়া নাট' আখ্যা দিয়া হয়। মহাপুৰুষ দুজনাই তেওঁ লোকে ৰচনা কৰা নাটসমূহক যাত্ৰা ঝুমুৰা হে বুলিছিল। পৰৱৰ্তী কালত কোনো কোনো বৈষ্ণৱ ভকতেহে ইয়াক অংকীয়া নাট বুলি নামকৰণ কৰে। ভাওনা শব্দৰ প্ৰকৃত অৰ্থ ভাও দি দেখুওৱা কাৰ্য। অংকীয়া নাটৰ অভিনয়কহে দৰাচলতে ভাওনা বোলা হয়। বৰ্তমান এনে নাটক ভাওনা বোলা হয় আৰু ৰচনা কাৰ্যক নাট-কটা বা নাট-লেখা বুলি কোৱা হয়। উদ্দেশ্য মহাপুৰুষ শংকৰদেৱৰ নাট্যকৰ্মৰ প্ৰধান উদ্দেশ্য হৈছে ধৰ্ম প্ৰচাৰ মোক্ষপ্ৰাপ্তি আৰু কাম পূৰণ। শংকৰদেৱৰ নাটৰ প্ৰথম নান্দী শ্লোকৰ পিছত সূত্ৰধাৰৰ শ্লোক আৰু সূত্ৰৰ উক্তিবোৰৰপৰা এই কথা স্পষ্টকৈ বুজা যায়। সেই সময়ৰ নিৰক্ষৰ জনসাধাৰণে ধৰ্মৰ কথাবোৰ যাতে সহজে উপলব্ধি কৰিব পাৰে তাৰ বাবে শাস্ত্ৰ পাঠ আৰু মৌখিক উপদেশতকৈ নাট্যাভিনয় অধিক ফলপ্ৰদ উপায় আছিল। সেয়ে তেওঁ সংস্কৃতিৰ দিশত লোকব্যঞ্জক আহিলা হিচাপে গ্ৰহণ কৰিছিল অংকীয়া নাটৰ প্ৰদৰ্শন অৰ্থাৎ ভাওনাক। ভাগৱত পুৰাণৰ উপৰিও সমসাময়িক ভাৰতীয় লোক নাটক, সংস্কৃত নাটক আৰু অসমত পূৰ্বৰে পৰা চলি অহা ওজাপালি, পুতলা নাচ ইত্যাদি লোক পৰিৱেশ্য কলাৰ পৰা সমল সংগ্ৰহ কৰি শংকৰদেৱে অংকীয়া নাট ৰচনা কৰিছিল। লোক শিক্ষাৰ সহজ আৰু কাৰ্যকৰী উপায় হিচাপে গুৰুজনাই নাট্যাভিনয়ৰ পৰিকল্পনা কৰিছিল আৰু তৎকাৰ্যত সফলো হৈছিল। ভাওনাৰ লগত সম্বন্ধ নথকা, আগতে ভাওনা নেদেখা সমাজখনৰ লোকসকলক শিকাই-বুজাই, নিজে নাট কাটি, বাদ্যযন্ত্ৰ প্ৰস্তুত, আহাৰ্য ৰংবৰণকে আদি কৰি ভাওনা প্ৰদৰ্শনলৈকে যাবতীয় কাম-কাজ শংকৰদেৱে নিজেই কৰিবলগীয়া হৈছিল। ধৰ্মীয় বিশ্বাস ভাওনাৰ ধৰ্মীয় পৰম্পৰা আৰম্ভ হয় গাঁঠি খোলা বা নাট মেলা পৰ্বৰে। মাহ-প্ৰসাদেৰে থাপনাত সেৱা জনাই পৰিৱেশনৰ বাবে নিৰ্ধাৰণ কৰা নাটৰ আনুষ্ঠানিক আখৰাৰ আৰম্ভনি এই অনুষ্ঠানেৰে সূচিত হয়। অভিনেতা-অভিনেত্ৰীসকলক তেওঁলোকৰ ভাগত পৰা চৰিত্ৰসমূহ বিতৰণ কৰি দিয়াৰ লগতে তেওঁলোকক চৰিত্ৰৰ বচন বা বকলাসমূহ বিলাই দিয়া হয়। ভাওনাৰ আগদিনা এভাগ শৰাই-শলিতা দি মাহ-প্ৰসাদেৰে নামঘৰত প্ৰাৰ্থনা জনোৱা হয়। গায়ন-বায়ন, সূত্ৰধাৰ আৰু শ্ৰীকৃষ্ণৰ ভাও লোৱাসকলে আগদিনা উপবাসে থাকি পিছদিনা লঘু আহাৰ গ্ৰহণ কৰি দিনত ৰাইজৰ নাম-কীৰ্তনত অংশগ্ৰহণ কৰি নামৰ পিছত আশীৰ্বাদ গ্ৰহণ কৰে। ভাওনাৰ দিনা সত্ৰ বা ৰাজহুৱা নামঘৰত এটি পবিত্ৰ অনুষ্ঠানৰূপে পালন কৰা হয়। ভাওনাৰ শেষত নাট সামৰণিৰে ভাওনাৰ সমস্ত পৰ্বৰ সমাপ্তি ঘটোৱা হয়। প্ৰতীক সাত খলপীয়া সিংহাসন (সপ্ত বৈকুণ্ঠ, পূৰ্ণব্ৰহ্মৰ প্ৰতীক) ভোটা, সিংহাসনৰ কাষতে (থাপনাৰ সোঁহাতে) মূঢ়াৰে সৈতে আঢ়ৈ ফুটমান ওখকৈ পোতা কলগছৰ মূঢ়াটোৰ মাজতে খোৰোং কৰি, তাত মিঠাতেল আৰু আৰৈ চাউল দি মাজতে সূতা মেৰোৱা শলা এডাল পুতি জুই লগাই কৰা পোহৰ কৰা সঁজুলি (একশৰণ নামধৰ্মৰ প্ৰতীক) অগ্নিগড় (নৱধীভক্তি) আৰিয়া (শ্ৰৱণ-কীৰ্তন ভক্তি) আঁৰ কাপোৰ (মায়া) আৰু মহতা (গুৰুৰ দ্বাৰা ভক্তি জ্ঞান প্ৰদান) আঁৰ কাপোৰ প্ৰতীক হিচাপে আঁৰ কাপোৰ ব্যৱহাৰ কৰা উপৰিও ছোঁ ঘৰৰ পৰা অভিনেতা সকলক ভাওনাৰ থলিলৈ আনোতে আঁৰ কাপোৰ এখেনেৰে আঁৰ দি অনা হয়। ভাৱৰীয়াই নামঘৰৰ মজিয়াত ৰভাৰ খলা খনত আঁঠুলৈ সেৱা কৰাৰ পাছত, খোলত চাপৰ জোৰালৈকে আঁৰ কাপোৰখনে আঁৰ দি দৰ্শকৰ মনত উৎকণ্ঠা জন্মায়। আঁৰ কাপোৰৰ ব্যৱহাৰ অগ্নিগড়ৰ পৰা আৰম্ভ কৰি সকলো ভাৱৰীয়া প্ৰৱেশত কৰা হয়। বৈশিষ্ট্য সূত্ৰধাৰ সূত্ৰধাৰজন সংস্কৃত নাটক, পুতলা নাচ বা ওজা পালিৰ ওজাৰ অনুৰূপ হ’লেও শংকৰদেৱে নাটৰ সূত্ৰধাৰজন সুকীয়া। সূত্ৰধাৰক কুশল অভিনেতা, গীত-বাদ্য-নাট বিশাৰদ আৰু সুপৰিচালক হিচাপে গুৰুজনাই তেৰাৰ নাটত ঠাই দিছে। দ্বিতীয় গীত-শ্লোক আৰু পয়াৰৰ প্ৰয়োগ ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ লয়যুক্ত গদ্য প্ৰয়োগ সংস্কৃত শ্লোকৰ ব্যৱহাৰ বৰ্ণনা শংকৰদেৱএ তেৰাৰ নাটত নাট, নাটক আৰু যাত্ৰা শব্দহে ব্যৱহাৰ কৰিছে। মাধবদেৱৰ নাটত ঝুমুৰা, যাত্ৰা আদি শব্দ ব্যৱহাৰ হৈছিল। সুখ-দুখৰ উৎপত্তি দেখুওৱা আৰু শৃংগাৰ আদি ৰসৰ পৰিপূৰ্ণতাই নাটৰ বিষয়বস্তু যদিও সাত্বিক অভিনয়হে মূল কথা। ‘অংক’ বা ‘অংকীয়া নাট’ বুলি পিছত চৰিতকাৰসকলেহে ব্যবহাৰ কৰিছে। নাটৰ বিভিন্ন বিভাগবোৰক ‘অংক’ বোলা হয়। ভৰত মুনিৰ মতে ৰূপক দহবিধ আৰু উপৰূপক ওঠৰবিধ। ৰূপকৰ অংক বা উৎসৃষ্টিকাংক আৰু উপৰূপকৰ হল্লীসৰ লগত অংকীয়া নাটৰ কিছু সাদৃশ্য আছে। কিন্তু মূল লক্ষণবোৰৰ ক্ষেত্ৰত যথেষ্ট অমিলো আছে। অংকীয়া নাটক এক অংক বিশিষ্ট নাট বোলা হয়। ভাওনা হ’ল নাট, নৃত্ত আৰু নৃত্যৰ সমাহাৰ। নৃত্ত আৰু নৃত্য হ’ল মূকাভিনয় কিন্তু শ্লোক, বচন, গীত, পয়ৰবিলাকৰ লগে লগে নৃত্য বা নাচৰ চাল-চলন, মুদ্ৰা আদিও থাকে। ভাওনাৰ শ্লোক, অপিচ আৰু সূত্ৰধাৰৰ বচনৰ ওপৰত সম্পূৰ্ণ পৰিচালনাৰ ভাৰ সূত্ৰধাৰৰে। গীত-পদ-ৰাগ-তালৰ কৰ্ত্তব্যখিনি গায়ন-বায়নৰ ওপৰত নিৰ্ভৰ কৰে। গীত-মাতত মহিলা, ঋষি-মুনিসকলৰ প্ৰৱেশ হয়। ভাৱৰীয়া প্ৰৱেশত সূত্ৰধাৰ, কৃষ্ণ বা ৰামৰ, ৰজা-মহাৰজা, মন্ত্ৰী-যুৱৰাজ, সৈন্যসকলৰ, অসূৰসকলৰ, ৰাক্ষস-ৰাক্ষসীসকলৰ আৰু দূতৰ প্ৰৱেশ-প্ৰস্থানত খোলৰ চেও বেলেগ বেলেগ। ভাওনাৰ আৰম্ভণিতে গায়ন-বায়নৰ জোৰাগোৱা পৰ্বটো অতি গুৰুত্বপূৰ্ণ। ভাওনাৰ দিনা কীৰ্তনঘৰ, নামঘৰ, নাটঘৰ বা মুকলি মঞ্চ পৰিষ্কাৰ কৰি, কলপুলি ৰুই সজাই পৰাই সুন্দৰ পৰিবেশ গঢ়ি তোলা হয়। সূত্ৰধাৰ প্ৰৱেশৰ আগতে নগছি বন্তিৰে ‘অগ্নিগড়’’ প্ৰৱেশ পথত দুজনে ধৰি ৰাখে আৰু আঁৰ-কাপোৰ ধৰি সূত্ৰৰ প্ৰৱেশৰ লগে লগে মহতা জ্বলাই (সূত্ৰধাৰৰ আগত এটা আৰু পাছত এটা) কীৰ্তনখন বা ৰভাঘৰ পোহৰ কৰি ৰাখে। তেনেকৈ কৃষ্ণ, ৰাম বা বিশেষ ৰজাৰ প্ৰৱেশতো আঁৰ-কাপোৰ ধৰে। বন্তি, মহতা বা আঁৰিয়াবোৰ মিঠাতেলৰ দ্বাৰাই জ্বলোৱা হয়। অগ্নিগড়ৰ নগছি বন্তি হ’ল ন বিধ ভক্তিৰ প্ৰতীক। কেতিয়াবা ৰজা-মন্ত্ৰীৰ প্ৰৱেশত ফুলজাৰি জ্বলোৱা হয়। সেইবোৰ য-খাৰ, বগৰীৰ এঙাৰ, বাহক তিতাৰ এঙাৰ গুড়ি কৰি তৈয়াৰ কৰা হৈছিল। ভাওনাৰ নৃত্য মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে সৃষ্টি কৰা নাটবোৰত কাহিনী বা সংলাপতকৈ নৃত্যৰ ওপৰতহে গুৰুত্ব অধিক দিছিল। ভাওনাত নৃত্যৰ পয়োভৰ ইমানে বেছি যে শংকৰদেৱে নিজেই কেতিয়াবা ইয়াক নাট নুবুলি নৃত্য বুলিহে আখ্যা দিছিল। কাহিনীৰ ওপৰত গুৰুত্ব নিদিয়াৰ বাবেই ৰুক্মিণীহৰণ নাটৰ দৰে সংঘাতপূৰ্ণ তথা পূৰ্ণাংগ কাহিনীযুক্ত নাটককো শংকৰদেৱে নাট নুবুলি নৃত্যহে বুলিছিল (যেনে ৰুক্মিণীহৰণ বিহাৰ নৃত্য পৰম কৌতুকে কৰব)। 'ভাওনাত ভাৱৰীয়া জনে অন্ততঃ এটা পাক মাৰিহে মঞ্চত প্ৰৱেশ বা প্ৰস্থান কৰাৰ নিয়ম। ভাওনাৰ প্ৰৱেশ-প্ৰস্থান সদায় নৃত্যধৰ্মী হয়। ভাওনাত সমানে ভৰি পেলাই খোজ কাঢ়ি প্ৰৱেশ-প্ৰস্থান কৰাটো নিষিদ্ধ। ভাওনাৰ নৃত্যক ন প্ৰকাৰত বিভক্ত কৰা যায়। গায়ন-বায়নৰ নাচ সূত্ৰধাৰী নাচ গোঁসাই নাচ মাইকী বা স্ত্ৰী নাচ অন্যান্য ভাৱৰীয়া প্ৰৱেশৰ নাচ যুদ্ধৰ নাচ গীত-শ্লোক-ভটিমাৰ নাচ খৰমানৰ নাচ ভঙ্গীনাচ ভাওনাৰ বাদ্যযন্ত্ৰ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত ভাওনা সমূহ সংগীত প্ৰধান। শংকৰদেৱে বৈকুণ্ঠ পট আঁকি দৰ্শকৰ আগত দেখুওৱা ‘চিহ্নযাত্ৰা’ ভাওনা স্থিৰ চিত্ৰ আছিল। সেই চিত্ৰক গুৰুজনাই গীত, বাদ্য আৰু নৃত্যৰে মনোমোহা কৰি তুলিছিল। যাৰ বাবে নিজেই বাদ্য নিৰ্মাণ কৰাই বাজনা ৰচনা কৰি পৰিবেশন কৰাইছিল। ভাওনাত ব্যৱহৃত অৱনদ্ধ বাদ্য অৰ্থাৎ চামৰাৰে মুখ ঢকা আঙুলি বা কাঠি আদিৰে বজোৱা বাদ্যৰ ভিতৰত খোল, মৃদংগ, নেগেৰা আদি পৰে। ঘন বাদ্য অৰ্থাৎ টান পদাৰ্থৰে আঘাত কৰি বজোৱা বাদ্যৰ ভিতৰত পাতি তাল, ভোৰতাল, বৰকাঁহ, খেৰেঙীতাল, খুটি তাল, মন্দিৰা আদি অন্যতম। ভাওনাত পূৰ্বে তাঁৰযুক্ত বা বাদ্যৰূপে চাৰেন্দাৰ আৰু ৰবাবৰ প্ৰচলন আছিল যদিও বৰ্তমান এইবোৰৰ ব্যৱহাৰ লুপ্ত। এই সমূহৰ ঠাই বেহেলা আদি বাদ্যই পূৰণ কৰিছে। ভাওনাত ব্যৱহৃত সুষিৰ বাদ্য হৈছে শঙ্খ, কালি, বাঁহী ইত্যাদি। সাজ-পোচাক নাটৰ চৰিত্ৰ অনুসাৰে ভাৱৰীয়াসকলক বাছনি কৰি সাজ-পোচাক নিদ্দিষ্ট কৰি দিয়া হয়। গায়ন-বায়ন আৰু সূত্ৰধাৰসকলৰ পিন্ধনত বগা ধূতি বা ঘোৰী, হাত গেঞ্জী, পাঞ্জাবী, চেলেং চাদৰ আৰু মূৰত বগা পাগ থাকে। কিছুমান সত্ৰ বা নামঘৰত মোগলাই বগা পাগো ব্যৱহাৰ হয়। ৰামৰ চৰিত্ৰৰ বাবে গা আৰু হাতত নীল, হালধীয়া ৰং মিশ্ৰিত অনুলেপন সানি কপালত দীঘলীয়া ফোট, পিন্ধনত গেৰুৱা বা হালধীয়া ধুতি আৰু ৰঙীণ চেলেং চাদৰ। হাত আৰু বাহুত বাজু, ভৰিত কিংকিনি থাকে। কৃষ্ণ আৰু বলৰামৰ ক্ষেত্ৰত কৃষ্ণক গেৰুৱা-হালধীয়া ধূতি, গাত গেঞ্জী, পিঠিয়া আৰু বুকুৰফালে বুকুৱা, গাত ৰঙীণ চেলেং চাদৰ, কঁকাল বান্ধনী, মুখ-হাতত বগা, হালধীয়া আৰু কিছু নীল মিশ্ৰণ কৰি প্ৰস্তুত কৰা অনুলেপন, কপালত দীঘলীয়া ফোট, হাত আৰু ভৰিত বাজু, মণি-মুকুতা সজোৱা ৰাজকীয় পোচাক, ভৰিত জুনুকা বা নূপূৰ, কঁকালত বান্ধনী, ৰঙীণ শাৰী, ডিঙিত মণি-মুকুতাৰ মালা বা ফুলৰ মালা, মূৰত কীৰিতি বা মুকুট, হাতত বাজু, ভীমৰ মূৰত বাৰ্বি, গাত গাঁঠি চোলা, মাণিক-মুকুতা লগোৱা পোচাক, কঁকাল বান্ধনী, পিন্ধনত ৰঙীণ শাৰী, হাত-বাহুত বাজু, ডিঙিত ৰাজকীয় মালা বা মণি, ঋষি-মুনিসকলৰ মূৰত জঁটা, মুগা-ক’লা বৰণৰ, গাত অনুলেপন, হালধীয়া ধূতি, হালধীয়া চেলেং-চাদৰ, হাত-ডিঙিত মালা, কপালত চন্দনৰ দীঘল ফোঁট, হাতত কমণ্ডলু, চিমতা, কিছুমানে জঁটাতো ফুলৰ মালা পিন্ধা দেখা যায়। অসুৰৰ ৰজা-মন্ত্ৰীসকলৰ মণি-মুকুতা খটোৱা ৰাজকীয় পোচাক, হাতত গদা বা ত্ৰিশূল, কঁকাল বান্ধনী, ডিঙিত মণি, হাত-বাহুত বাজু, মূৰত চুলি আৰু কীৰিতি মুকুট, চকুৰ পতাত ৰঙা ৰাংপতা বা ৰং, কপালত ফোঁট আৰু কিছুমান অসুৰে গাত অনুলেপন সানি, হাতত শূল লৈ প্ৰৱেশ কৰা দেখা যায়। অসুৰৰ পিন্ধনত ৰঙীন শাৰী, কঁকাল বান্ধনী, ৰঙীন চেলেং চাদৰ, কপালত দীঘলীয়া বা পথালিকৈ ফোট, ৰাক্ষস-ৰাক্ষসীৰ পিন্ধনত গাত ক’লা বা ৰঙীণ জলম, মুখ-মূৰত আউলী-বাউলী চুলি, পিন্ধনত সুবিধা অনুযায়ী ৰঙীণ কাপোৰ, হাতৰ আঙুলিত দীঘল নখ থকা দেখা যায়। ভালুক-বান্দৰৰ জলম ঘৰতে তৈয়াৰ কৰি লোৱা হয়। সকলোবিলাক ভাৱৰীয়াই ভৰিত জুনুকা বা নূপূৰ পিন্ধে, কাণত কুণ্ডল, মণি আদি পিন্ধা দেখা যায়। মাতৃভাষাৰ নাট-ভাওনা মাতৃভাষা ভাওনা নাট সমূহত ব্ৰজাৱলীৰ পৰিৱৰ্তে কথিত অসমীয়া ভাষাৰ কিঞ্চিত পৰিৱৰ্তিত ৰূপ এটাত অমিত্ৰাক্ষৰ ছন্দৰ প্ৰয়োগ কৰা দেখা যায়। মাতৃভাষা নাট ভাওনাৰ লগে লগে ব্ৰজাৱলী ভাষাই এটা সৰলীকৰণ ৰূপ লাভ কৰে। উজনি অসমৰ নাটসমূহ উল্লিখিত ধৰণৰ ভাষাৰে ৰচিত হ'লেও অসমৰ নগাঁও অঞ্চলত ব্ৰজাৱলী ভাষাৰ প্ৰচলনেই অব্যাহত থাকিল। ঊনবিংশ-বিংশ শতিকাৰ উজনি অসমত মাতৃভাষা ভাওনা জনপ্ৰিয় হৈ পৰে। কলা-বীথিকা লগতে চাওক বাৰেচহৰীয়া ভাওনা বোকা ভাওনা ৰাস মহোৎসৱ তথ্য সংগ্ৰহ বাহ্যিক সংযোগ বোকা ভাওনা সম্পৰ্কীয় এটা বাতৰি নৱবৈষ্ণৱ
72332
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%8B%E0%A6%A7%E0%A6%BF%20%E0%A6%AC%E0%A7%83%E0%A6%95%E0%A7%8D%E0%A6%B7
বোধি বৃক্ষ
বোধি বৃক্ষ ভাৰতৰ বিহাৰ ৰাজ্যৰ বুদ্ধগয়াত অৱস্থিত মহাবোধি মন্দিৰ প্ৰাংগণৰ এজোপা প্ৰাচীন বিশাল আকাৰৰ আঁহত গছ। ইয়াতেই সিদ্ধাৰ্থ গৌতমে বুদ্ধত্ব লাভ কৰিছিল। খ্ৰীষ্টপূৰ্ব ৫৩১ত ৩৫ বছৰ বয়সত সিদ্ধাৰ্থ গৌতমে এই গছজোপাৰ তলত ধ্যান কৰি বোধি বা বুদ্ধত্ব লাভ কৰিছিল। তাৰপাছত তেখেতে বৌদ্ধ ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিল। সেই বাবে বৌদ্ধধৰ্মত এই গছজোপাক অত্যন্ত পৱিত্ৰ বুলি জ্ঞান কৰা হয়। মহামতি অশোকে খ্ৰীষ্টপূৰ্ব তৃতীয় শতাব্দীত বৰ্তমান মহাবোধি মন্দিৰৰ পশ্চিমত অৱস্থিত বোধি বৃক্ষক কেন্দ্ৰ কৰিয়ে মন্দিৰখনৰ নিৰ্মাণ কৰিছিল। "বোধি গছ" শব্দটো বিদ্যমান পৱিত্ৰ আঁহত গছৰ বাবেও ব্যৱহাৰ কৰা হয়। বৰ্তমানৰ বোধগয়াৰ মহাবোধি মন্দিৰত গজা মহাবোধি গছজোপাক প্ৰায়ে মূল গছৰ প্ৰত্যক্ষ বংশধৰ বুলি গ্ৰহণ কৰা হয়। খ্ৰীষ্টপূৰ্ব ২৫০ৰ আশে-পাশে এই গছ ৰোপণ কৰা হৈছিল। এই স্থান চাৰিটা মুখ্য বৌদ্ধ তীৰ্থস্থানৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ। সেয়ে প্ৰতিবছৰে দেশ-বিদেশৰ পৰা বহুত তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ ইয়ালৈ সমাগম হয়। বৌদ্ধ ধৰ্মৰ ইতিহাসত যথেষ্ট গুৰুত্ব থকা অন্যান্য পবিত্ৰ বোধি গছবোৰ হৈছে উত্তৰ ভাৰতৰ শ্ৰাৱস্তীৰ জেতবনত আনন্দবোধি বৃক্ষ আৰু শ্ৰীলংকাৰ অনুৰাধাপুৰাৰ শ্ৰী মহা বোধি বৃক্ষ। দুয়োজোপাকে মূল বোধি গছৰ পৰা বিস্তাৰ কৰা হৈছিল বুলিও বিশ্বাস কৰা হয়। উৎপত্তি মহাবোধি মন্দিৰৰ বোধি বৃক্ষক শ্ৰী মহা বোধি বুলি কোৱা হয়। গৌতম বুদ্ধই আঁহত গছ তলত ধ্যান কৰি জ্ঞান (বোধি) লাভ কৰিছিল। বৌদ্ধ গ্ৰন্থঅনুসৰি, বুদ্ধই এই গছৰ তলত সাত সপ্তাহ (৪৯ দিন) নিজৰ আসনৰ পৰা স্থানান্তৰ নকৰাকৈ ধ্যান কৰিছিল। পিছত তেওঁ বহি থকা ঠাইত 'অনিমেষলোচন চৈত্য' নামৰ এটা মন্দিৰ নিৰ্মাণ কৰা হৈছিল। এই ঠাই বুদ্ধৰ জীৱনকালতো মন্দিৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। সম্ৰাট অশোকে বোধি বৃক্ষৰ সন্মানৰ্থে প্ৰতি বছৰে কাৰ্তিক মাহত ইয়াত এক উৎসৱ অনুষ্ঠিত কৰিছিল। তেওঁৰ ৰাণী তিষ্যৰক্ষায়ে গছজোপাৰ প্ৰতি ঈৰ্ষান্বিত হৈছিল আৰু ৰাণী হোৱাৰ তিনি বছৰ পিছত (অৰ্থাৎ অশোকৰ শাসনকালৰ ঊনবিংশ বছৰত) তেওঁ গছজোপা বিষাক্ত কণ্টকৰ দ্বাৰা হত্যা কৰিছিল। অৱশ্যে গছজোপা পুনৰ গজি উঠিল আৰু বোধিমণ্ড লগত বোধিমণ্ড নামৰ এটা মহান মঠ সংলগ্ন কৰা হ'ল। মহা স্তূপ প্ৰতিষ্ঠাৰ সময়ত চিট্টাগুট্টাৰ নেতৃত্বত বোধিমণ্ড বিহাৰৰ ত্ৰিশ হাজাৰ সন্ন্যাসী উপস্থিত আছিল বুলি উল্লেখ পোৱা যায়। খ্ৰীষ্টপূৰ্ব ২য় শতিকাত ৰজা পুষ্যমিত্ৰ শুংগয়ে আৰু ৬০০ খ্ৰীষ্টাব্দত ৰজা শশাঙ্কাই গছজোপা পুনৰ কাটি পেলাইছিল। খ্ৰীষ্টীয় ৭ম শতিকাত চীনা ভ্ৰমণকাৰী হিউৱেন চাঙে গছজোপাৰ বিষয়ে বিতংভাৱে লিখিছিল। যেতিয়াই গছডাল ধ্বংস হৈছিল একেঠাইতে আন নতুন গছ ৰোপণ কৰা হৈছিল। ১৮৬২ চনত ব্ৰিটিছ পুৰাতত্ত্ববিদ আলেকজেণ্ডাৰ কানিংহামে ভাৰতীয় পুৰাতাত্ত্বিক সৰ্বেক্ষণৰ প্ৰথম খণ্ডত প্ৰথম প্ৰৱেশ হিচাপে এই স্থানৰ বিষয়ে লিখিছিল: প্ৰসিদ্ধ বোধি গছ এতিয়াও আছে, কিন্তু ই যথেষ্ট নষ্ট হৈছে; এটা ডাঙৰ কাণ্ড, যাৰ তিনিটা ডাল পশ্চিমফালে আছে, এতিয়াও সজীৱ, কিন্তু আন ডালবোৰ বাকলিবিহীন আৰু পচা। সজীৱ ডালটো সম্ভৱতঃ কিছুমান সৰু গছৰ অন্তৰ্গত, কিয়নো ইয়াত বিভিন্ন গছৰ অজস্ৰ কাণ্ড একেলগে গোট খাই আছে। গছজোপা সঘনাই নৱীকৰণ কৰা হ'ব লাগিব, কিয়নো বৰ্তমানৰ পিপল চাৰিওফালৰ মাটিৰ স্তৰৰ কমেও ৩০ ফুট ওপৰৰ এখন ছাদত আছে। এইজোপা ১৮১১ চনত সম্পূৰ্ণ সজীৱ আছিল, যেতিয়া ড° বুকাননে (হেমিল্টন) ইয়াক দেখিছিল। তেওঁ ইয়াক ১০০ বছৰ বয়সৰ অধিক নোহোৱাৰ সম্ভাৱনা অধিক বুলি বৰ্ণনা কৰিছিল। অৱশ্যে গছজোপা সংক্ৰমণৰ দ্বাৰা নষ্ট হয় আৰু ১৮৭৬ চনত বাকী থকা গছজোপা ধুমুহাৰ ফলত ধ্বংস হয়। ১৮৮১ চনত কানিংহামে একেঠাইতে এটা নতুন বোধি গছ ৰোপণ কৰিছিল। উদযাপন বোধি বৃক্ষৰ তলত বুদ্ধয়ে জ্ঞান লাভ কৰা দিনক বোধি দিৱস হিচাপে উদযাপন কৰা হয়। বিভিন্ন দেশত এই দিৱস ভিন ভিন তাৰিখে উদযাপন কৰা হয়। বৌদ্ধধৰ্মাৱলম্বী সকলে কৰে তেওঁলোকে ইজনে সিজনক "বুদু সৰানাই!" বুলি কৈ সম্ভাষণ জনায় যাৰ অৰ্থ হৈছে "বুদ্ধৰ শান্তি আপোনাৰ হওক।" ইয়াক সাধাৰণতে এক ধৰ্মীয় বন্ধৰ দিন হিচাপেও পালন কৰা হয়। এইদিনা বিশেষ আহাৰ পৰিৱেশন কৰা হয়। বিশেষকৈ হৃদয়ৰ দৰে আকৃতিৰ বিস্কুট জাতীয় কুকিজ (বোধিৰ হৃদযন্ত্ৰৰ আকৃতিৰ পাতৰ সন্দৰ্ভত) আৰু ক্ষীৰৰ আহাৰ বুদ্ধৰ ছয় বছৰীয়া তপস্বীবাদৰ সমাপ্তিৰ প্ৰথম আহাৰ হিচাপে এইদিনা খোৱা হয়। বোধি পূজা বোধি পূজা বা বোধি-বৃক্ষৰ পূজা হৈছে বোধি বৃক্ষ আৰু ইয়াত বাস কৰা দেৱতাক উপাসনা কৰাৰ ৰীতি (পালি: ৰুক্ষাদেৱতা; সংস্কৃত; বৃক্ষদেৱতা)। প্ৰসাদ, পানী, গাখীৰ, চাকি, ধূপ আদি বিভিন্ন নৈবেদ্য প্ৰদান কৰি আৰু পালি ভাষা বোধি বৃক্ষৰ সন্মানৰ্থে শ্লোক উচ্চাৰণ কৰি এই পূজা কৰা হয়। আটাইতকৈ সচৰাচৰ ব্যৱহৃত শ্লোকটো হৈছে: "ইমে ইতে মহাবোধি লোকনাথেনা পূজিতা আহাম্পি তে নমাচামি বোধি ৰাজা নমতথু তে।" বোধি বৃক্ষৰ অন্যান্য বংশধৰসমূহ মুখ্য বংশধৰ জেতবন, শ্ৰাৱস্তী প্ৰাচীন বৌদ্ধ গ্ৰন্থসমূহত সাধাৰণ মানুহে ভগৱান বুদ্ধয়ে তীৰ্থযাত্ৰা কৰাৰ সময়ত তেওঁৰ নামত নৈবেদ্য আগবঢ়াব খোজাৰ বাবে বুদ্ধই শ্ৰাৱস্তীৰ ওচৰৰ জেতবন মঠৰ প্ৰৱেশদ্বাৰৰ সন্মুখত বোধগয়াৰ বোধি বৃক্ষৰ পৰা বীজ ৰোপণৰ অনুমোদন জনাইছিল। এই উদ্দেশ্যৰ বাবে মোগ্গাল্লানাই গছৰ পৰা এটা ফল লৈছিল যিহেতু ই মাটিত উপনীত হোৱাৰ আগতে ইয়াৰ ডালৰ পৰা পৰিছিল। ইয়াক অনাথপিন্দিকে এক সোণালী পাত্ৰত অতি আড়ম্বৰ আৰু অনুষ্ঠানৰ সৈতে ৰোপণ কৰা হৈছিল। তৎক্ষণাৎ এটা গছপুলি গজি উঠিল আৰু পঞ্চাশ হাত ওখ হ'ল আৰু ইয়াক পৱিত্ৰ কৰিবলৈ বুদ্ধই এনিশাৰ বাবে ইয়াৰ তলত ধ্যান কৰি কটাইছিল। বুদ্ধৰ শিষ্য আনন্দৰ তত্ত্বাৱধানত ৰোপণ কৰা বাবে এই গছজোপা আনন্দ বোধি নামেৰে জনাজাত হয়। অনুৰাধাপুৰা, শ্ৰীলংকা সম্ৰাট অশোকৰ জীয়ৰী সংঘমিত্ৰা বোধি বৃক্ষৰ এটা সৰু শাখা শ্ৰীলংকালৈ লৈ আহিছিল আৰু প্ৰাচীন শ্ৰীলংকাৰ ৰাজধানী অনুৰাধাপুৰাত ৰোপণ কৰিছিল। বৰ্তমানলৈকে ই নিৰন্তৰ ভাৱে বাঢ়ি আহিছে। এই বোধি বৃক্ষৰ নাম মূলতঃ জয় শ্ৰী মহা বোধি ৰখা হৈছিল আৰু খ্ৰীষ্টপূৰ্ব ২৪৫ত ৰোপণ কৰা আন এটা বোধি গছৰ শাখা আছিল। যদিও মূল বোধি গছৰ অৱনতি ঘটিছিল আৰু বৃদ্ধ অৱস্থাত মৃত্যু হৈছিল, সম্ৰাট অশোকৰ পুত্ৰ মহেন্দ্ৰ আৰু তেওঁৰ জীয়ৰী সংঘমিত্ৰাই অনা শাখাটোৰ বংশধৰসকলক এতিয়াও শ্ৰীলংকাত আছে। মহাবংশৰ মতে শ্ৰীলংকাত শ্ৰী মহা বোধি খ্ৰীষ্টপূৰ্ব ২৮৮ত ৰোপণ কৰা হৈছিল। ই যিকোনো সপুষ্পক উদ্ভিদৰ আটাইতকৈ পুৰণি প্ৰমাণিত নমুনা হৈ পৰিছিল। ৰজা অশোকৰ শাসনকালৰ দ্বাদশ বৰ্ষত বোধি বৃক্ষৰ সোঁ শাখা সংঘমিত্ৰয়ে অনুৰাধাপুৰালৈ আনিছিল আৰু শ্ৰীলংকাৰ ৰজা দেৱনমপ্ৰিয়তিষ্যয়ে তেওঁৰ বাওঁ ভৰি মহামেঘবাহনত ৰাখি ইয়াক ৰোপণ কৰিছিল। বুদ্ধই তেওঁৰ মৃত্যুশয্যাত পাঁচটা বস্তুৰ সমাধান কৰিছিল। তাৰে এটা হ'ল শ্ৰীলংকালৈ লৈ যোৱা শাখাটোৰ পৰা নিজকে পৃথক কৰা। গয়াৰ পৰা শাখাটো পাটলিপুত্ৰলৈ, তাৰ পিছত তমালিট্টিলৈ নিয়া হৈছিল। তাৰপৰা ইয়াক এখন জাহাজত ৰখা হৈছিল আৰু সাগৰপাৰ হৈ জাম্বুকোলালৈ লৈ যোৱা হৈছিল। অৱশেষত এয়া টিভাক্কাত বাটত ৰৈ অনুৰাধাপুৰাত উপস্থিত হ'ল। গছ ৰোপণৰ অনুষ্ঠানত ৰজাক সহায় কৰা সকল কাজৰগামা আৰু চন্দনগামা আৰু তিভাক্কাৰ অভিজাত লোকসকলৰ আছিল। জয় শ্ৰী মহা বোধি আটাইতকৈ পৱিত্ৰ বোধি গছ বুলিও জনা যায়। বোধি বৃক্ষৰ ফলত বৰষুণ হয় আৰু ৰোগীসকলক আৰোগ্য হয় বুলি বিশ্বাস কৰা হয়। যেতিয়া এজন ব্যক্তি অসুস্থ হৈ পৰে, তেওঁৰ এজন আত্মীয়ই বোধি বৃক্ষত সাত দিনৰ বাবে সাতবাৰ পানী দিবলৈ আৰু ৰোগীসকলৰ হৈ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ যায়। গৌণ বংশধৰ হনুলুলু, হাৱাই ১৯১৩ চনত অংগৰিকা ধৰ্মপালে শ্ৰী মহা বোধিৰ এটা গছপুলি হাৱাইলৈ লৈ যায় আৰু তেওঁ ইয়াক তেওঁৰ মেৰী ফষ্টাৰক উপহাৰ দিয়ে। তেওঁ বহুতো বৌদ্ধ মিছনেৰী কামৰ বাবে পুঁজি যোগান ধৰিছিল। তেওঁ ইয়াক হনুলুলুত থকা তেওঁৰ ঘৰৰ পথাৰত নোৱাণু নিজৰাৰ পাৰত ৰোপণ কৰিছিল। তেওঁৰ মৃত্যুৰ পিছত সকলো সম্পত্তি হনুলুলুৰ লোকসকলৰ বাবে এৰি দিয়ে আৰু ই ফষ্টাৰ বটানিকেল গাৰ্ডেন হিচাপে পৰিগণিত হয়। চেন্নাই, তামিলনাডু ১৯৫০ চনত জিনাৰাজদাসে চেন্নাইত দুটা গছপুলি ৰোপণ কৰিবলৈ শ্ৰী মহা বোধিৰ তিনিটা গছপুলি আনিছিল। এটা আদিয়াৰ নদীৰ মোহনাৰ পাৰত থিওচফিকেল চছাইটিৰ বুদ্ধ মন্দিৰৰ ওচৰত ৰোপণ কৰা হৈছিল। তৃতীয়টো শ্ৰীলংকাৰ এটা ধ্যান কেন্দ্ৰৰ ওচৰত ৰোপণ কৰা হৈছিল। থাউজেণ্ড ওকচ, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ ২০১২ চনত বাংলাদেশৰ ৰিপনৰ ব্ৰহ্মাণ্ড প্ৰতাপ বৰুৱায়ে বুদ্ধগয়াৰ মহাবোধি মন্দিৰৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ থাউজেণ্ড ওকচ, কেলিফৰ্ণিয়ালৈ বোধি গছৰ পুলি লৈ গৈছিল। তেওঁ ইয়াক তেওঁৰ হিতকাৰী আনাগৰিকা গ্লেন হিউজক উপহাৰ দিছিল, যিয়ে বহুতো বৌদ্ধ কামৰ বাবে পুঁজি যোগান ধৰিছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত বৌদ্ধ ধৰ্ম শিকাইছিল। তেওঁ আৰু তেওঁৰ শিক্ষাৰ্থীসকলে বৰ ধন্যবাদ জনাই গছপুলিটো লাভ গ্ৰহণ কৰি পিছত তেওঁলোকে ওচৰৰ পাৰ্কত মাটিত গছপুলিটো ৰোপণ কৰিছিল। নিহোন-জি, জাপান ১৯৮৯ চনত ভাৰত চৰকাৰে বিশ্ব শান্তিৰ অঙ্গীকাৰ হিচাপে জাপানৰ নিহোন-জিক বোধি বৃক্ষৰ পৰা গছপুলি এটা প্ৰদান কৰে। পূৰ্বৱৰ্তী বুদ্ধসকলৰ বৃক্ষ মহাবংশৰ মতে এই কল্পৰ সময়ত জন্ম গ্ৰহণ কৰা সকলো বুদ্ধৰ বোধি বৃক্ষৰ শাখা বৰ্তমানৰ শ্ৰীলংকাৰ অনুৰাধাপুৰাত ৰোপণ কৰা হৈছিল। কাকুসন্ধাৰ গছৰ শাখা ৰুকানন্দ, কোনাগামানাৰ কণ্টকনন্দ আৰু কাচাপাৰ শাখাটো সুধম্ময়ে আনিছিল। তথ্য উৎস বৌদ্ধ ধৰ্ম ভাৰতৰ পৰ্যটনস্থলী ভাৰতৰ ধৰ্মীয় স্থান
35591
https://as.wikipedia.org/wiki/WDM2
WDM2
-2 ভাৰতীয় ৰেলৰ এক দীৰ্ঘ সময়ৰ প্ৰধান ডিজেল ইঞ্জিন। এই ইঞ্জিনশ্ৰেণীৰ প্ৰথম কেইটামান এলকোৰদ্বাৰা (আমেৰিকান ল'ক'মটিভ কোম্পানী) নিৰ্মিত আছিল আৰু ১৯৬২ চনত আমদানি কৰা হৈছিল। কিন্তু ১৯৬৪ চনৰপৰা এই শ্ৰেণীৰ ইঞ্জিনৰ নিৰ্মাণ প্ৰক্ৰিয়া বাৰানসীস্থিত ডিজেল ৰেলইঞ্জিন কাৰখানা )ত (ডিৰেকা) আৰম্ভ হয়। আৰ্হিটোৰ নামকৰণ এইদৰে কৰা হৈছিল ব্ৰডগজ ডিজেল মিশ্ৰিত পৰিবাহক ইঞ্জিন। চালকৰ কোঠা বা কেবটো ইঞ্জিনৰ মাজভাগত দুটা অসমান অংশ বা হুডৰ মাজত অৱস্থিত। দীঘল অংশক লংহুড আৰু চুটি অংশক চৰ্টহুড বোলা হয়। ভাৰতীয়া ৰেল ব্যৱস্থাত -2 হৈছে সততে পোৱা ইঞ্জিন। হৈছে মূল -2ৰে এক সামান্য পৰিৱৰ্তিত ৰূপ। এই সমূহ মূলতে ভেকুৱাম ব্ৰেকযুক্ত আছিল যদিও পৰৱৰ্তী সময়ত ওপৰঞ্চিভাৱে এয়াৰ ব্ৰেকৰ সংযোজন কৰা হৈছিল। সমূহ হৈছে একেবাৰে শেহতীয়াকৈ নিৰ্মিত যিবিলাক নিৰ্মাণকালতে কেৱল এয়াৰ ব্ৰেকযুক্ত কৰি নিৰ্মাণ কৰা হৈছিল। উভমুখী সঞ্চালনক্ষম -2 ইঞ্জিনৰ সৰ্বোচ্চ গতিবেগ হৈছে কিন্তু লংহুড সমুখত ৰাখি চালনাৰ ক্ষেত্ৰত অঞ্চলবিশেষে ত সীমিত ৰখা হৈছে গীয়েৰ অনুপাত ৬৫:১৮। ইতিহাস ১৯৬০ৰ দশকৰ আৰম্ভণিতে ভাৰতীয় ৰেলবিভাগে ইয়াৰ মুখ্যপথসমূহত ভাপচালিত ইঞ্জিনসমূহৰ বিকল্প হিচাপে ডিজেল ইঞ্জিন ব্যৱহাৰৰ সিদ্ধান্ত লয়। এই পৰিৱৰ্তনৰ কাৰণে জেনেৰেল মটৰ্চৰ ইলেক্ট্ৰ'ম'টিভ ডিভিজন আৰু আমেৰিকান ল'ক'মটিভ কোম্পানীক নতুন ডিজেল ইঞ্জিনৰ আৰ্হি জমা দিবলৈ আহ্বান কৰা হ'ল। দুয়োটা কোম্পানীয়েই প্ৰাৰম্ভিক নমুনা প্ৰস্তুত কৰি উলিয়ালে। ভাৰতীয় ৰেলবিভাগে এই নমুনা দুটাক ক্ৰমে -4 শ্ৰেণী আৰু -2 শ্ৰেণীত বিভক্ত কৰিলে। মুঠ শক্তিনিৰ্গমণ সমান হ'লেও কাৰিকৰীদিশৰপৰা জেনেৰেল মটৰ্চৰ -4 ইঞ্জিনটো এলকোৰ -2তকৈ উন্নত আছিল, কিন্তু ভৱিষ্যতে এই ইঞ্জিনসমূহৰ বৰ্ধিত চাহিদা অনুযায়ী দেশৰ ভিতৰতে নিৰ্মাণ কৰাৰ উদ্দেশ্যে ভাৰতীয় ৰেলৰ কাৰণে প্ৰযুক্তি হস্তান্তৰ প্ৰয়োজন আহি পৰিল। জেনেৰেল মটৰ্চে এই প্ৰস্তাৱত সন্মতি নিদিয়াৰ ফলত এলকোৰ আৰ্হিটোৱেই বৰ্ধিত নিৰ্মাণৰ উদ্দেশ্যে গ্ৰহণ কৰা হয়। প্ৰথম কেইটামান আৰ্হি আমেৰিকাস্থিত এলকোৰ কাৰখানাৰপৰা আমদানি কৰা হৈছিল। বাৰানসীত ১৯৬১ চনত ডিজেল ৰেলইঞ্জিন কাৰখানা (ডিৰেকা) স্থাপিত হোৱাৰ পাচত ১৯৬৪ চনৰপৰা ভাৰততে -2ৰ নিৰ্মাণ আৰম্ভ হয়। ইয়াৰে প্ৰথম ১২টা ইঞ্জিন এলকোৱে আমেৰিকাৰপৰা যোগানধৰা যন্ত্ৰাংশৰে সাজি উলিওৱা হৈছিল। ডিৰেকাই সাজি উলিওৱা প্ৰথমটো ডিজেল ইঞ্জিন -2 18233 সফলতাৰে পঞ্চাশ বছৰ পাৰ কৰাৰ পিচত ২০১৪ চনত ডিৰেকাৰ স্বৰ্ণজয়ন্তী উপলক্ষে কাৰখানা পৰিসৰতে সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। এই প্ৰথমটো ইঞ্জিনক 'কুণ্ডণ' নামেৰে নামকৰণো কৰা হৈছে। ১৯৬৪ চনৰ পিচৰপৰা ডিৰেকাই নিজে প্ৰস্তুত কৰা যন্ত্ৰাংশৰেই -2 সাজিবলৈ আৰম্ভ কৰে। তেতিয়াৰপৰা ২৭০০তকৈও অধিক -2 সাজি উলিওৱা হৈছে আৰু ই ভাৰতৰ সৰ্বাধিকৰূপত ব্যৱহৃত ডিজেল ইঞ্জিন হিচাপে পৰিগণিত হৈছে। সাধাৰণতে মানুহৰ মনত বাস কৰা এক ভুল ধাৰণা হৈছে যে বিজুলীচালিত ইঞ্জিনৰ বেগ আৰু ক্ষমতা বেছি। কিন্তু সেই ধাৰণা এসময়ত নাকচ কৰি বহুতো অঞ্চলত এসময়ত বৈদ্যুতিক ইঞ্জিনৰপৰা -2ৰ পুনৰ্ব্যৱহাৰ কৰিবলৈ লোৱা হৈছিল, উদাহৰণস্বৰূপে হাওড়া ৰাজধানী এসময়ত বিজুলীচালিত ইঞ্জিনৰ সলনি পুনৰ বিশ্বাসী -2ৰে চলোৱা হৈছিল। মূলতঃ একক -2ৰে ৯টা দবাৰ ৰেল আৰু যুৰীয়া -2ৰে ১৮টা দবাৰ ৰেল চলোৱাৰ বিধি আছিল যদিও একক ইঞ্জিনেৰেই সাধাৰণতে ১৮টা আৰু কেতিয়াবা ২০টা পৰ্যন্তদবাৰ ৰেল হেলাৰঙে চলোৱা হয়। কিছুসংখ্যক দ্ৰুতবেগী বিশিষ্ট ৰেলগাড়ী আৰু অতি বেছি পাহাৰীয়া অসমান ৰেলপথৰ কাৰণে অৱশ্যে যুৰীয়া ইঞ্জিন বাধ্যতামূলকভাৱে ব্যৱহাৰ কৰা হৈছিল। যুৰীয়া -2ৰে তীব্ৰগতিত বহুতো আগশাৰীৰ ৰেল ৰেলপথত বেগাই পাৰ হৈ যোৱা দৃশ্যটো বহু ৰেলপ্ৰেমীৰ মনত এক পাহৰিব নোৱৰা স্মৃতি। বৈদ্যুতিক ইঞ্জিনৰ পিচৰ সময়ৰ বহুতো উন্নীতকৰণ প্ৰক্ৰিয়াত -2ৰ যান্ত্ৰিক ব্যৱস্থাকে সামান্য পৰিৱৰ্তনেৰে ব্যৱহাৰ কৰা হৈছিল। পিচৰ যুগৰ অধিক ক্ষমতাৰ বহুতো ডিজেল ইঞ্জিনৰো ভেঁটি হিচাপে -2কে লোৱা হৈছে। ভাৰতীয় ৰেলৰ শেহৰটো -2 ১৯৯৮ চনৰ আগষ্ট মাহত নিৰ্মাণ কৰা হৈছিল। চালকৰ সমুখৰ দিশত দৃষ্টিপৰিসৰ বৃদ্ধি কৰিবলৈ ডিৰেকাই পৰীক্ষামূলকভাৱে ক্ৰমাংকৰ কিছুসংখ্যক ইঞ্জিনৰ চৰ্টহু়ড অংশৰ উচ্চতা কমাই নিৰ্মাণ কৰিছিল। সেইসমূহক বহুতো শ্বেডত ধেমেলীয়াকৈ জাম্ব' (কাষৰ ছবিৰ ঝাঁসী ল'ক'শ্বেডৰ -2 17860 (জাম্ব') ঝাঁসী-লখনউ ইণ্টাৰচিটি এক্সপ্ৰেছৰ সৈতে চাওক নাম দিয়া হৈছিল। কিন্তু আশানুৰূপ ফল নোপোৱাত ডিৰেকাই পুনৰ পূৰ্বৰ -2ৰ আৰ্হিটোলৈ ঘূৰি যায়। বহুতো জাম্ব' পুনৰ সাধাৰণ -2লৈ পুনৰনিৰ্মাণ কৰা হৈছিল। অৱশ্যে, -2ৰ আগমণৰো পূৰ্বে আন এক শ্ৰেণীৰ ডিজেল ইঞ্জিন ১৯৫৭ চনৰ আৰমভণিতে এলকোৰপৰা আমদানি কৰা হৈছিল। সেই ইঞ্জিনশ্ৰেণী -1ৰূপে নামকৰণ কৰা হৈছিল। মূল -2ৰ আৰ্হিটোৰ সালসলনি আৰু উন্নীতকৰণ কৰি আন বহুতো শ্ৰেণী উপশ্ৰেণীৰ ইঞ্জিন সাজি উলিওৱা হৈছ। সেইসমূহ হ'ল আৰু (পূৰ্বতে বৰ্তমান কিছুসংখ্যক -2 ইঞ্জিন পঞ্জাবৰ পাটিয়ালাস্থিত ডিজেল ইঞ্জিন আধুনিকীকৰণ কাৰখানাত শ্ৰেণীলৈ উন্নীতকৰণেৰে পুনৰনিৰ্মাণ কৰি উলিওৱা হৈছে। সৰল যান্ত্ৰিকতা আৰু নিৰ্ভৰযোগ্যতাৰে -2 ভাৰতীয় ৰেলব্যৱস্থাত প্ৰথম শ্ৰেণীৰ ইঞ্জিনৰূপে পৰিগণিত হৈছে। ৰেলব্যৱস্থাত ক্ৰমিক সংখ্যা উল্লেখনীয় যে ইঞ্জিনসমূহত নিৰ্মাণবৰ্ষ অনুসৰি ৰেলপথ ক্ৰমিকসংখ্যা দিয়া হোৱা নাছিল যান্ত্ৰিক বিৱৰণ শ্ৰীলংকাত ১৯৯৬ চনত ৮টা -2 ইঞ্জিন শ্ৰীলংকাৰ চৰকাৰী ৰেল পৰিচালন সংস্থা শ্ৰীলংকা ৰেলৱেই ক্ৰয় কৰে। শ্ৰীলংকা ৰেলৱেৰ অধীনত এইকেইটাই হৈছিল সেইসময়ৰ আটাইতকৈ শক্তিশালী আৰু দীৰ্ঘতম ইঞ্জিন। সিহঁতক 8 শ্ৰেণীভুক্ত কৰা হৈছিল। অৱশ্যে শ্ৰীলংকা ৰেলৱেই কিছুমান বাহ্যিক ৰূপত সালসলনি ঘটাইছিল। সংখ্যা লগতে চাওক ভাৰতীয় ৰেল ভাৰতৰ ৰেল পৰিবহনৰ ইতিহাস তথ্যসূত্ৰ গ্ৰন্থপঞ্জী বাহ্যিক লিংকসমূহ 2 -2 ভাৰতৰ ৰেল
26688
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A6%B8%20%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%20%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8
মানস ৰাষ্ট্ৰীয় উদ্যান
মানস ৰাষ্ট্ৰীয় উদ্যান বা মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ এক অন্যতম ৰাষ্ট্ৰীয় উদ্যান, ইউনেস্কোৰ দ্বাৰা স্বীকৃত প্ৰাকৃতিক বিশ্ব ঐতিহ্যবাহী স্থান ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল হস্তী সংৰক্ষিত বনাঞ্চল তথা বায়’ছফিয়েৰ ৰিজাৰ্ভ ই গুৱাহাটীৰ পৰা প্ৰায় ১৭৬ কিলোমিটাৰ নিলগত বাক্সা জিলাৰ উত্তৰাঞ্চলত, ভূটান পৰ্বতৰ পাদদেশত অৱস্থিত। উত্তৰে মানহ নদী তথা ভূটান ৰাজ্য, দক্ষিণে বাঁহবাৰী, পালসিগুৰি আৰু কাটাঝাৰ গাঁও, পশ্চিমে সোণকোষ নদীৰ পৰা পূৱে ধনশিৰি নদীলৈকে এই ৰাষ্ট্ৰীয় উদ্যানখন বিস্তৃত হৈ আছে। এই ৰাষ্ট্ৰীয় উদ্যান ভূটানৰ ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংলগ্ন হৈ আছে। মানস ৰাষ্ট্ৰীয় উদ্যান অধোক্ৰান্তীয় মণ্ডলৰ অন্তৰ্ভুক্ত আৰু ইয়াৰ জলবায়ু সেমেকা তথা ক্ৰান্তীয় ধৰণৰ। এই ৰাষ্ট্ৰীয় উদ্যান বহুতো আপুৰুগীয়া তথা লুপ্ত-প্ৰায় বন্যপ্ৰাণী যেনে-নলগাহৰি সোণালী বান্দৰ আদিৰ বাসস্থান হিচাপে খ্যাত। বনৰীয়া পানী ম'হ )ৰ অন্যতম প্ৰধান আশ্ৰয়স্থলী হিচাপেও বাবেও মানস ৰাষ্ট্ৰীয় উদ্যানৰ খ্যাতি আছে নামৰ উৎস মানস ৰাষ্ট্ৰীয় উদ্যানৰ নামটো ৰাষ্ট্ৰীয় উদ্যান খনৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ অন্যতম প্ৰধান উপনৈ মানাহ নৈ ৰ পৰা লোৱা হৈছে। এই নৈক আকৌ হিন্দু ধৰ্মৰ দেৱী মনসাৰ নাম অনুসৰি নামকৰণ কৰা হৈছে। ইতিহাস ১৯২৮ চনৰ ১ অক্টোবৰত মানসক বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্য্যদা দিয়া হয়। ইয়াৰ আগতে মানসক সংৰক্ষিত বনাঞ্চল হিচাপে গণ্য কৰা হৈছিল। পূৰ্বতে ইয়াক গৌৰীপুৰৰ ৰজাই চিকাৰ স্থলী হিচাপে ব্যৱহাৰ কৰাৰ কথা জনা যায়। ১৯৭৩ চনত ইয়াত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হয়। ১৯৮৫ চনত ইউনেস্ক’ই মানসক বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে ঘোষণা কৰে। ১৯৯০ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্য্যদা প্ৰদান কৰা হয়। ভৌগোলিক বিৱৰণ মানস ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল অসমৰ পাঁচখন জিলাৰ বিভিন্ন অংশ লৈ গঠিত হৈছে:কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু দৰং জিলা। ৰাষ্ট্ৰীয় উদ্যানখনক তিনিটা ৰেঞ্জত বিভক্ত কৰা হৈছে। পশ্চিমৰেঞ্জ পানবাৰীত, কেন্দ্ৰীয়ৰেঞ্জ বৰপেটা ৰোডৰ ওচৰৰ বাঁহবাৰীত আৰু পূবৰ ৰেঞ্জটো পাঠশালাৰ সমীপৰ ভূঞাপাৰাত অৱস্থিত। ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ মানহ এই ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম দিশেৰে বৈ গৈ দুখন উপনৈত বিভক্ত হৈছে- বেঁকী আৰু ভলকাডুবা। মানহৰ উপৰিও অন্য পাঁচখন উপনৈ মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে। মানসৰ মুঠ মাটিকালি ৫০০ বৰ্গ কি.মি. আৰু ই সাগৰ পৃষ্ঠৰ পৰা ৬১-১১০ মিটাৰ উচ্চতাত অৱস্থিত। জলবায়ু মানস ৰাষ্ট্ৰীয় উদ্যানত তিনিটা ঋতু অনুভূত হয়: গ্ৰীষ্ম, বৰ্ষা আৰু শীত। বাৰিষা যথেষ্ট বৰষুণ হোৱা দেখা যায়। গ্ৰীষ্ম কালটো গৰম তথা সেমেকা। শীতকালত জলবায়ু শুকান আৰু নাতিশীত, ডিচেম্বৰ মাহৰপৰা ফেব্ৰুৱাৰী মাহলৈ শীত অনুভূত হয়। এই সময়ত সৰ্ব্বোচ্চ উষ্ণতা গড়ে ২৫°ছে. আৰু সৰ্বনিম্ন গড় উষ্ণতা ১৫°ছে.। মাৰ্চৰ পৰা মে মাহলৈকে গ্ৰীষ্ম ঋতু বিৰাজ কৰে। এই সময়ত সৰ্ব্বোচ্চ গড় উষ্ণতা ৩৭°ছে হয়গৈ। জুন মাহৰপৰা ছেপ্তেম্বৰ মাহলৈ বৰষুণ আহে। বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ ৩৩৩ মি.মি.। উদ্ভিদকুল মানস ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা প্ৰধান উদ্ভিদসমষ্টি )ৰ প্ৰকাৰ সমূহ হ’ল- উপ-হিমালয়ৰ পলসুৱা মাটিৰ অৰ্ধ-চিৰসেউজ অৰণ্য পূব হিমালয়ৰ আৰ্দ্ৰ মিশ্ৰিত পৰ্ণপাতী অৰণ্য নামনিৰ পলসুৱা মাটিৰ ঘাঁহনি আৰু অৰণ্য আৰু অসম উপত্যকাৰ পলসুৱা মাটিৰ অৰ্ধ-চিৰসেউজ মানস ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমানলৈকে সৰ্বমুঠ ৫৪৩ বিধৰ উদ্ভিদৰ প্ৰজাতি পোৱা গৈছে। ইয়াৰ ভিতৰত ৩৭৪ বিধ দ্বিবীজপত্ৰী (৮৯ বিধ বৃক্ষকে ধৰি), ১৩৯ বিধ একবিজপত্ৰী আৰু ৩০ বিধ ঢেঁকীয়াজাতীয় উদ্ভিদ। এই উদ্যানৰ এক বিস্তীৰ্ণ অঞ্চল ঘাঁহ জাতীয় উদ্ভিদেৰে পৰিপূৰ্ণ। ইয়াত থকা ঘাঁহ জাতীয় উদ্ভিদসমূহ হ’ল- বিভিন্ন প্ৰকাৰৰ খেৰ, ইকৰা, খাগৰি, নল ইত্যাদি। বনাঞ্চলৰ গভীৰ অঞ্চলসমূহত বিভিন্নপ্ৰকাৰৰ সৰু, বৰ গছ, যেনে- জামুক ৰঙা কাঞ্চন শিমলূ ঔটেঙা ইত্যাদি পোৱা যায়। প্ৰাণীকুল মানস ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমানলৈকে সৰ্বমুঠ ৫৫ বিধৰ স্তন্যপায়ী জন্তু, ৪৫০ প্ৰকাৰৰ পক্ষী, ৫০ বিধ সৰীসৃপ আৰু ৩ বিধ উভচৰ প্ৰাণীৰ প্ৰজাতি পোৱা গৈছে। প্ৰাণী সমূহৰ ভিতৰত হাতী, এশিঙীয়া গঁড়, বনৰীয়া ম’হ, মেথোন ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, গোধাফুটুকী বাঘ সোণালী মেকুৰী টুপীমূৰীয়া বান্দৰ, সোণালী বান্দৰ, মলুৱা বান্দৰ, লাজুকী বান্দৰ, হলৌ বান্দৰ উদ ভালুক, খটীয়া পহু সুগৰী পহু, দল-হৰিণা, শৰপহু, নল গাহৰি, জহামাল, হাগা গেন্দেৰা, মুচি গেন্দেৰা আদি প্ৰধানকৈ পোৱা যায়। পক্ষীৰ প্ৰজাতিসমূহৰ ভিতৰত উলুম'ৰা, বন-কুকুৰা ফেচুলুকা, চাকৈ-চকোৱা, দৰিক, বগলী ভেলা কুৰুৱা, মৌখাটি, জিঞাখাটী, দহিকতৰা, ধনেশ, ইত্যাদি উল্লেখযোগ্য। পৰ্যটন তথ্য-সংগ্ৰহ বাহ্যিক সংযোগ অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য ভাৰতৰ বিশ্ব ঐতিহ্যবাহী
7359
https://as.wikipedia.org/wiki/%E0%A6%87%E0%A6%89%E0%A6%9F%E0%A6%BF%E0%A6%89%E0%A6%AC
ইউটিউব
ইউটিউব হৈছে ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত তিনিজন ভূতপূৰ্ব পে'-পাল কৰ্মচাৰীৰ দ্বাৰা গঠিত এটা চলচ্চিত্ৰ বা ভিডিঅ' বিতৰণ কৰিব পৰা ৱেবছাইট, য'ত উপভোক্তাসকলে ভিডিঅ'সমূহ আপ-লোড, দৰ্শন আৰু বিতৰণ কৰিব পাৰে। এই কোম্পানীটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ চান ব্ৰুন নামৰ ঠাইত অৱস্থিত আৰু ই বহু উপভোক্তাৰ দ্বাৰা নিৰ্মিত ভিডিঅ' যেনে কথাছবিৰ অংশবিশেষ বা দূৰদৰ্শনৰ অংশবিশেষ আৰু সঙ্গীতৰ ভিডিঅ'ৰ লগতে কিছুমান চৌখিন বিষয় যেনে আৰু ক্ষুদ্ৰ প্ৰাৰম্ভিক ভিডিঅ'ৰ প্ৰদৰ্শন কৰিবলৈ আৰু 5 প্ৰযুক্তি ব্যৱহাৰ কৰে। ইউটিউবৰ বেছিভাগ বিষয় ব্যক্তিবিশেষৰ দ্বাৰা আপ-লোড কৰা হয় যদিও চি-বি-এচ বি-বি-চি ৱিৱ' হুলু আৰু আন কিছুমান সংস্থাৰ নিচিনা মিডিয়া কৰ্প'ৰেচনবোৰে ইউটিউব পাৰ্টনাৰশ্বিপ প্ৰ'গ্ৰামৰ অংশ হিচাপে তেওঁলোকৰ কিছু সামগ্ৰী ইউটিউবলৈ হস্তান্তৰ কৰে। অপঞ্জীভুক্ত সদস্যসকলে ভিডিঅ' চাব পাৰে আৰু পঞ্জীভুক্ত সদস্যসকলে অসীম সংখ্যক ভিডিঅ' আপ-লোড কৰিব পাৰে। ইয়াতে আক্ৰমণাত্মক, অৰুচিকৰ বা অশ্লীল বিষয়ক ভিডিঅ'সমূহ অকল ১৮ বছৰ বা তাতোকৈ বেছি বয়সৰ পঞ্জীভুক্ত সদস্যসকলেহে চাব পাৰে। ২০০৬ চনৰ নৱেম্বৰ মাহত ইউটিউবক, গুগলে ১.৬৫ বিলিয়ন আমেৰিকান ডলাৰৰ বিনিময়ত কিনি লয় আৰু ই এতিয়া গুগলৰ পৰিপূৰক হিচাপে পৰিচালিত হৈ আছে। কোম্পানীৰ ইতিহাস ইউটিউব তিনিজন ভুতপুৰ্ব কৰ্মচাৰী চাড হাৰ্লে, ষ্টিভ চেন, আৰু জাভেদ কৰিম ৰ দ্বাৰা স্থাপন কৰা হৈছিল। হাৰ্লেই পেনিচেলভিনিয়াৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ত অভিকল্প অধ্যয়ন কৰিছিল। আনহাতে চেন আৰু কৰিমে আৰ্বানা-চেম্পিয়েনৰ ইলিঅনচ্ বিশ্ববিদ্যালয়ত কম্পিউটাৰ বিজ্ঞান অধ্যয়ন কৰিছিল। সমূহত সঘনাই পোৱা এক কাহিনী অনুসৰি [[চান ফ্ৰান্সিচক'ত থকা চেনৰ বাসগৃহত হোৱা এটা নৈশ ভোজৰ ভিডিঅ' কিছুমানৰ বিতৰণত অসুবিধাৰ সৃষ্টি হওঁতে হাৰ্লি আৰু চেনে ২০০৫ চনৰ প্ৰথম ভাগত ইউটিউবৰ ধাৰণা কৰিছিল। কৰিম সেইদিনাৰ ভোজত উপস্থিত নাছিল আৰু এই ঘটনাৰ সম্ভাৱনীয়তাক অস্বীকাৰ কৰিছিল। ইউটিউব প্ৰথমে আৰম্ভ কৰিছিল এ ২০০৫ৰ নৱেম্বৰৰ পৰা ২০০৬ৰ এপ্ৰিলৰ মাজভাগত। ইয়াৰ প্ৰথম মুখ্য কাৰ্য্যালয় আছিল কেলিফ'ৰ্ণিয়াৰ সান মাতেওত থকা পিজ্জাৰিয়া আৰু জাপানিজ চৰাইখানা এখনৰ ওপৰত। ইয়াৰ ডোমেইন নাম ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে সক্ৰিয় কৰা হৈছিল আৰু পৰৱৰ্ত্তী মাহবোৰত জালস্থানটোৰ উন্নতি সাধন কৰা হৈছিল। প্ৰথম ইউটিউব ভিডিঅ'টোৰ নাম আছিল "মি এট দ্য জু" য’ত উদ্ভাৱক জাৱেদ কৰিমক দেখা গৈছিল চেন ডিয়েগ' চিৰিয়াখানাত। এই ভিডিঅ'টো ২০০৫ চনৰ ২৩ এপ্ৰিলত আপলোড কৰা হৈছিল আৰু এতিয়াও ই ৱেবছাইটটোত উপলব্ধ। বিশেষত্ব সমূহ ভিডিঅ' প্ৰযুক্তিবিদ্যা প্লে-বেক ইউটিউবৰ ভিডিঅ' চাবলৈ ব্যক্তিগত কম্পিউটাৰ এটাৰ ব্ৰাউজাৰত স্থাপন কৰাটো প্ৰয়োজনীয়। আপ-লোড সকলো ইউটিউব উপভোক্তায়ে ১৫ মিনিট দৈৰ্ঘ্যৰ ভিডিঅ'বোৰ আপ-লোড কৰিব পাৰে। যিসকল উপভোক্তাই ইউটিউবৰ কমিউনিটি গাইডলাইন সফলভাৱে পালন কৰে তেওঁলোকে অসীম দৈৰ্ঘৰ ভিডিঅ' আপ-লোড কৰাৰ সুবিধা লাভ কৰে যাৰ কাৰণে তেওঁলোকৰ একাউণ্ট সাধাৰণতে ম’বাইল ফোনৰ সহায়ত সত্যাপন কৰিব লাগে। ২০০৫ চনত ইউটিউব আৰম্ভ কৰাৰ সময়ত ইয়াত দীঘল দৈৰ্ঘ্যৰ ভিডিঅ'ও আপ-লোড কৰিব পৰা গৈছিল কিন্তু ২০০৬ চনৰ মাৰ্চ মাহত ইয়াত ১০ মিনিটৰ এটা সীমা নিৰ্ধাৰণ কৰা হয় কাৰণ তেতিয়া ইউটিউবত বহুতো দূৰদৰ্শন আৰু কথাছৱিৰ অনাধিকৃত ভিডিঅ' আপ-লোড কৰা হৈছিলে। ১০ মিনিটৰ সীমাটো ২০১০ৰ জুলাই মাহত ১৫ মিনিটলৈ বঢ়াই দিয়া হয়। সাধাৰণতে ইউটিউবত আপ-লোড কৰা ফাইলৰ আকাৰ ২ জিবি হয় যদিও জাভা আধাৰিত আপ-লোডাৰ ব্যৱহাৰ কৰিলে ২০ জিবিলৈকে আপ-লোড কৰিব পৰা যায়। ইউটিউবত বিভিন্ন ক’ণ্টেইনাৰ ফ’ৰমেটৰ ভিডিঅ' আপ-লোড কৰিব পাৰি যেনে ডট এভিআই ডট এমকেভি ডট এমঅ'ভি ডট এমপিফ’ৰ 4), ডট ডিভএক্স ডট এফএলভি ডট অ'জিজি ডট ওজিভি ইত্যাদি। এইবিলাকৰ ভিডিঅ' ফ্’ৰমেট সমূহ এনে ধৰণৰ এমপিইজি এমপিইজি-ফ’ৰ -4), ভঅ'বি আৰু ডাব্লিউএমভি ম’বাইল ফোনৰ পৰা ইয়াত থ্ৰীজিপি ভিডিঅ'ও আপ-লোড কৰিব পাৰি। সকলো ইউটিউব ভিডিঅ'ই প্ৰ’গ্ৰেছিভ স্কেনিঙ পদ্ধতি ব্যৱহাৰ কৰে। থ্ৰী-ডি ভিডিঅ' সমূহ ২০০৯ চনৰ ২১ জুলাইত আপ-লোড কৰা এক ভিডিঅ'ত ইউটিউবৰ চফ্টৱেৰ অভিযন্তা পিটাৰ ব্ৰ্যেডস্বয়ে ইউটিউবত থ্ৰীডি ভিডিঅ' আপ-লোড কৰিব পাৰিব বুলি ঘোষণা কৰে। এই ভিডিঅ' সমূহ বিভিন্ন উপায়েৰে চাব পাৰি যাৰ ভিতৰত এনাগ্লিফ পদ্ধতিয়ে সাধাৰণতে প্ৰযোয্য য’ত থ্ৰীডিৰ প্ৰভাৱ উপলব্ধি কৰিবলৈ উপভোক্তাই বিতচকু পৰিধান কৰি লয়। বিষয়বস্তুৰ উপলব্ধতা ইউটিউবৰ ভিডিঅ' সমূহ জালস্থানটোৰ বাহিৰতো উপলভ্য হোৱাটোৱে ইয়াৰ বিশেষত্ব। প্ৰত্যেকটো ইউটিউবৰ চলচ্চিত্ৰৰ লগতে ৰ এটা টুকুৰা গাঁঠি থোৱা থাকে যাৰ সহায়ত ইয়াক জালস্থানৰ বাহিৰৰ আন বেলেগ পৃষ্ঠাৰ সতে যোৰা দিব পাৰি। ইউটিউবে সাধাৰণতে ইয়াৰ চলচ্চিত্ৰ এটাৰ ডাউনলোড লিংক নিদিয়ে আৰু ইয়াক অকল জালস্থানটোৰ ভিতৰতহে চাব পাৰি। কিন্তু বিভিন্ন ধৰণৰ বেলেগ বেলেগ জালস্থান নাইবা সঁজুলিৰ সহায়ত চলচ্চিত্ৰ এটা ইউটিউবৰ পৰা ডাইনলোড কৰিব পাৰি। প্লে'টফ’ৰ্ম কিছুমান স্মাৰ্ট ফোনঅত ইউটিউবৰ ভিডিঅ' চাব পাৰি কিন্তু সেইটো নিৰ্ভৰ কৰিব তাৰ চাৰ্ভিচ প্ৰ’ভাইদাৰ আৰু ডাটা প্লেনৰ ওপৰত। প্ৰথম ইউটিউব ম’বাইল ২০০৭ চনৰ জুলাই মাহত মুকলি কৰা হৈছিল আৰু ই পদ্ধতি ব্যৱহাৰ কৰিছিল। সকলো ইউটিউব ভিডিঅ' জালস্থানটোৰ ম’বাইল ভাৰ্ছনত উপলভ্যনহয়। অসমীয়া ইউটিউব চেনেল দেশ-বিদেশৰ লগতে সমগ্ৰ অসমতো ইউটিউবে বিশেষ জনপ্ৰিয়তা লাভ কৰিছে। অসমৰ অতি জনপ্ৰিয় ইউটিউব চেনেল এটি হৈছে ভইচ আছাম তথ্যসূত্ৰ বাহ্যিক সংযোগ ইউটিউব ইণ্টাৰনেট ৱেবছাইট তথ্য
61768
https://as.wikipedia.org/wiki/%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A7%81%20%E0%A6%AA%E0%A7%82%E0%A7%B0%E0%A7%8D%E0%A6%A3%E0%A6%BF%E0%A6%AE%E0%A6%BE
গুৰু পূৰ্ণিমা
গুৰু পূৰ্ণিমা বা ব্যাস পূৰ্ণিমা জৈন, হিন্দু আৰু বৌদ্ধসকলে গুৰুলৈ সন্মান আৰু কৃতজ্ঞতা জ্ঞাপন কৰা ধৰ্মীয় উৎসৱ। হিন্দু কেলেণ্ডাৰমতে 'আষাঢ়' মাহৰ পূৰ্ণিমা তিথিত ঋষি বেদব্যাসৰ আৱিৰ্ভাৱ তিথিত এই উৎসৱ পালন কৰা হয়। এই উৎসৱ ধৰ্মীয় আৰু শিক্ষা গুৰু সকললৈ সমৰ্পিত। ভাৰতীয় সংস্কৃতিৰ মতে গুৰুসকলে কৰ্ম যোগৰ আধাৰত জ্ঞানদানত ব্ৰতী থাকে। এই উৎসৱ ঘাইকৈ ভাৰত, নেপাল আৰু ভূটানত পালন কৰা হয় যদিও বিশ্বৰ বিভিন্ন প্ৰান্তত বসবাস কৰা হিন্দু, জৈন আৰু বৌদ্ধ ধৰ্মাৱলম্বী সকলে এই উৎসৱ পালন কৰে। হিন্দু আখ্যান হিন্দু আখ্যান অনুসৰি গুৰু পূৰ্ণিমা তিথিত ঋষি পৰাশৰ ঔৰসত আৰু ধীবৰ ৰাজৰ কন্যা সত্যৱতীৰ সন্তান মহাভাৰতৰ প্ৰণেতা বেদব্যাসৰ জন্ম হৈছিল। বেদব্যাসে সম্পূৰ্ণ বেদ আয়ত্ত কৰি ইহঁতৰ নীতি নিয়ম আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি চাৰি ভাগত বিভক্ত কৰিছিল। তাৰপিছত তেওঁ তেওঁৰ চাৰিশিষ্য পাইলা, বৈসম্পায়ন, জৈমিনী আৰু সুমন্তুক প্ৰথমে চাৰি বেদৰ জ্ঞান দিছিল। বেদক বিভক্ত আৰু সম্পাদনা কৰাৰ বাবে তেওঁ বেদব্যাস উপাধি লাভ কৰিছিল। তেওঁ বেদ সমূহক ঋক, সাম, যৰ্যু আৰু অথৰ্ব বেদত বিভক্ত কৰিছিল। ইয়াৰ উপৰিও তেওঁ পুৰাণ সমূহৰ ৰচনা কৰিছিল। বৌদ্ধ আখ্যান পৰমজ্ঞান লাভ কৰাৰ ৫ সপ্তাহৰ পিছত গৌতম বুদ্ধয়ে বোধগয়াৰ পৰা সাৰনাথলৈ যাত্ৰা কৰিছিল। তেওঁ পৰমজ্ঞান লাভ কৰাৰ আগতে তেওঁ কঠোৰ তপ ত্যাগ কৰিছিল। ইয়াৰ বাবে তেওঁৰ পূৰ্বৰ সংগী পঞ্চবৰ্গীকা সকলে তেওঁক ত্যাগ কৰি সাৰনাথৰ ঋষিপাটনালৈ গৈছিল। বুদ্ধয়ে পৰম জ্ঞান লাভ কৰাৰ পিছত তেওঁলোকক লগ আৰু শিক্ষাদান কৰিবলৈ উৰুবিল্ব এৰি ঋষিপাটনালৈ গৈছিল। বুদ্ধয়ে সাৰনাথলৈ যোৱা পথত গংগা নদী পাৰ হবলগীয়া হৈছিল। ৰজা বিম্বিসাৰে এই কথা গম পোৱাত তেওঁ ঋষি সকলৰ ওপৰত আৰোপ কৰা কৰৰ বিলোপন ঘটায়। গৌতম বুদ্ধয়ে তেওঁৰ পূৰ্বৰ পাঁচ গৰাকী সংগীক লগ পোৱাৰ পিছত তেওঁলোকক ধৰ্মচক্ৰপৰিৱৰ্তন সূত্ৰৰ জ্ঞান দিয়ে। এই পৰিঘটনাক ধৰ্মচক্ৰপৰিৱৰ্তন বোলে আৰু বৌদ্ধ ধৰ্মৰ ত্ৰিনীতিৰ অন্যতম 'সংঘ'ৰ প্ৰতিষ্ঠা হয়। আষাঢ় মাহৰ পূৰ্ণিমা তিথিত এই ঘটনা সংঘটিত হৈছিল। তাৰপিছত বুদ্ধয়ে বৰ্ষাকাল সাৰনাথৰ মূলগোন্ধকুটীত কটাইছিল। সাৰনাথত ভিক্ষুসংঘৰ সংখ্যা অতি কম সময়ৰ ভিতৰতে ৬০ গৰাকী সদস্যলৈ বৃদ্ধি হয় আৰু বুদ্ধয়ে তেওঁলোকক সকলো দিশলৈ তেওঁৰ বাণী প্ৰচাৰৰ বাবে প্ৰেৰণ কৰিছিল। জৈন আখ্যান জৈন পৰম্পৰা অনুসৰি গুৰু পূৰ্ণিমাৰ পৰা জৈন সকলৰ পৱিত্ৰ 'চতুৰ্মাস' আৰম্ভ হয়। চতুৰ্মাস হৈছে জৈন সকলে পৱিত্ৰ জ্ঞান কৰা বৰ্ষাকালৰ চাৰিমাহ। জৈন সকলৰ ২৪তম তীৰ্থাংকৰ মহাবীৰে 'কৈৱল্য' অৱস্থা লাভ কৰা পিছত এগৰাকী গন্ধৰ্ব ইন্দ্ৰভূতি গৌতমক তেওঁৰ প্ৰথম শিষ্য হিচাপে গ্ৰহণ কৰিছিল। পিছলৈ ইন্দ্ৰভূতি গৌতম গন্ধৰ্বক গৌতম স্বামী হিচাপে জনা যায়। এইদৰে মহাবীৰ এগৰাকী ত্ৰিনক গোহাত পৰিগণিত হৈছিল আৰু জৈন সকলে এই দিন ত্ৰিনক গোহা পূৰ্ণিমা হিচাপে পালন কৰি আহিছে। তাৎপৰ্য আৰু উদযাপন গুৰু পূৰ্ণিমাত গুৰু সকলৰ উদ্দেশ্যে বিভিন্ন সাংস্কৃতিক তথা ধৰ্মীয় অনুষ্ঠান পালন কৰা হয়। গুৰু পূজা এই উৎসৱৰ অন্যতম মূল অনুষ্ঠান। গুৰু শব্দটো 'গু' আৰু 'ৰু' এই দুই শব্দৰ পৰা আহিছে। সংস্কৃত ভাষাত 'গু' মানে অন্ধকাৰ বা অজ্ঞানতা আৰু 'ৰু' মানে অন্ধকাৰ বা অজ্ঞানতা দূৰ কৰোঁতা। অৰ্থাৎ গুৰু মানে অজ্ঞানৰূপী অন্ধকাৰ দূৰ কৰোঁতা। ভাৰতীয় সংস্কৃতিত গুৰুক জীৱনৰ অতি গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হয়। ধৰ্মীয় গুৰুত্বৰ বাহিৰেই এই উৎসৱৰ ভাৰতীয় শিক্ষা-ব্যবস্থাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ। বৌদ্ধ সকলে পাৰম্পৰিক ভাৱে গৌতম বুদ্ধয়ে সাৰনাথত তেওঁৰ প্ৰথম শ্ৰমণ দিয়া দিন হিচাপে এই উৎসৱ পালন কৰে। যোগী পৰম্পৰা অনুসৰি এই উৎসৱ ভগৱান শিৱয়ে প্ৰথম গুৰু হিচাপে যোগ বিদ্যা সপ্তৰ্ষি সকলক প্ৰদান কৰা দিৱস হিচাপে পালন কৰা হয়। তদুপৰি প্ৰাচীন ভাৰতীয় গুৰু শিষ্য পৰম্পৰাত অন্যতম শ্ৰেষ্ঠ গুৰু বেদব্যাসৰ আৱিৰ্ভাৱ তিথি হিচাপে হিন্দু সকলে এই উৎসৱ পালন কৰে। ইয়াৰ লগতে তেওঁ কেইদিন 'আষাঢ় সুধা পদ্যমী' লিখিবলৈ আৰম্ভ কৰিছিল আৰু এই দিনায়ে এই কাব্য শেষ হৈছিল। হিন্দু, জৈন আৰু বৌদ্ধ ধৰ্মৰ লগত আটাইকেইটা ধাৰ্মিক ধৰ্মালম্বী সকলে এই দিন গুৰু তথা শিক্ষকলৈ উছৰ্গা কৰি পালন কৰে। হিন্দু ধৰ্মৰ সাধু, সন্ন্যাসী মহন্ত সকলে তেওঁলোকৰ গুৰুলৈ পূজা আগবঢ়ায়। জৈন সকলে তেওঁলোকৰ পাৰম্পৰিক পৱিত্ৰ চতুৰ্মাস উদযাপন কৰে। গুৰু শিষ্য পৰম্পৰা পালন কৰা ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ শিক্ষাৰ্থী সকলে গোটেই বিশ্বজুৰি এই উৎসৱ পালন কৰে। এইদিনা বিভিন্ন মন্দিৰত ব্যাস পূজা অনুষ্ঠিত হয়। নেপালত এই দিন শিক্ষক দিৱস হিচাপে পালন কৰা হয়। নেপালৰ শিক্ষানুষ্ঠানত এই দিনা শিক্ষকৰ উদ্দেশ্য বিভিন্ন অনুষ্ঠান আয়োজন কৰা হয় আৰু শিক্ষকক কৃতজ্ঞতা স্বৰূপে উপঢৌকন দিয়া হয়। তথ্য উৎস ভাৰতৰ উৎসৱসমূহ হিন্দুধৰ্মৰ
41617
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A6%BE%20%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%A4%E0%A6%AE
অমৃতা প্ৰীতম
অমৃতা প্ৰীতম (৩১ আগষ্ট ১৯১৯- ৩১ অক্টোবৰ, ২০০৫) এগৰাকী ভাৰতীয় লেখিকা। তেওঁ মূলত পঞ্জাবী আৰু হিন্দী ভাষাত সাহিত্য চৰ্চা কৰিছিল। বিংশ শতিকাৰ পঞ্জাবী ভাষা-সাহিত্যৰ প্ৰথমগৰাকী প্ৰগতিবাদী লেখিকা অমৃতা প্ৰীতমৰ কবিতা, উপন্যাস আৰু ৰচনা সমূহ ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে সমানে সমাদৃত। ছয় দশকজুৰি সাহিত্য চৰ্চাৰে পঞ্জাবী আৰু হিন্দী সাহিত্যৰ ভঁৰাল চহকী কৰা এইগৰাকী লেখিকাই ১০০ৰো অধিক প্ৰকাশিত পুথি, কবিতা, জীৱনী মূলক ৰচনা, কল্প-সাহিত্য আৰু বহু পঞ্জাবী গীত ৰচনা কৰিছে। তেওঁৰ সৃষ্টিৰাজী আৰু আত্মজীৱনী ইতিমধ্যে বিভিন্ন ভাৰতীয় ভাষাৰ লগতে বিদেশী ভাষালৈও অনূদিত কৰা হৈছে। অমৃতা প্ৰীতমক চিৰস্মৰণীয় কৰি ৰাখিছে তেওঁৰ বিষাদধৰ্মী কবিতা "আজ আখা ৱাৰিছ শ্বাহ নু"য়ে। ১৮ শতিকাৰ পঞ্জাবী কবি ৱাৰিছ শ্বাহৰ প্ৰতি উচৰ্গিত কবিতাটোত ভাৰত বিভাজনৰ সময়ত সংঘটিত নৰসংহাৰ আৰু সাধাৰণ লোকৰ দুখ-দুৰ্দখা দেখি তেওঁৰ মনত সৃষ্টি কৰা ব্যথা পৰিস্ফুট হৈছে। উপন্যাসিক হিচাপে অমৃতা প্ৰীতমৰ সৰ্বাধিক চৰ্চিত ৰচনা হৈছে ‘পিঞ্জৰ’(১৯৫০)। পিঞ্জৰ কেন্দ্ৰীয় চৰিত্ৰ পাৰুৰ যোগেদি অমৃতা প্ৰীতমে নাৰীৰ ওপৰত সংঘটিত অত্যাচাৰ, মানৱীয়তাৰ স্খলনৰ ছবিখন কৰুণ ৰূপত অংকিত কৰি শেষত নায়িকাৰ ব্যক্তি স্বাধীনতাক মূৰ্তমান কৰি তুলিছে। ‘পিঞ্জৰ’ উপন্যাসখনৰ ওপৰত আধাৰিত ২০০৩ বৰ্ষত নিৰ্মিত চলচ্চিত্ৰ ‘পিঞ্জৰে’ ইতিমধ্যে যথেষ্ট সন্মান বুটলিবলৈ সক্ষম হৈছে। ১৯৪৭ চনৰ ভাৰত স্বাধীনতাৰ সময়ত হোৱা দেশ বিভাজনৰ পৰিপ্ৰেক্ষিতত অমৃতা প্ৰীতম বৰ্তমানৰ পাকিস্তানৰ লাহোৰৰ পৰা ভাৰতলৈ আহিবলৈ বাধ্য হয়। পাকিস্তান এৰি আহিলেও তেওঁৰ সমসাময়িক আন আন লেখক মোহন সিং, শিৱ কুমাৰ বাতালৱি আদিৰ তুলনাত অমৃতা প্ৰীতমৰ লেখা সমূহে পাকিস্তানৰ লোককলৰ মাজত সদায়েই সমাদৰ লাভ কৰি আহিছে। পঞ্জাবৰ নাৰীবাদী লেখিকাসকলৰ বাটকটিয়া অমৃতা প্ৰীতমে ১৯৫৬ চনত তেওঁৰ কাব্যগ্ৰন্থ ‘সোণেহৰে’ৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে। এই বঁটা লাভ কৰা অমৃতা প্ৰীতম প্ৰথমগৰাকী পঞ্জাবী মহিলা সাহিত্যিক। ১৯৮২ চনত তেওঁ ‘কাগজ তে কেনভাচ’ গ্ৰন্থৰ বাবে ভাৰতীয় সাহিত্যৰ শ্ৰেষ্ঠ সন্মান জ্ঞানপীঠ বঁটা লাভ কৰে। ১৯৬৯ চনত তেওঁলৈ ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান আগবঢ়ায় আৰু ২০০৪ চনত তেওঁলৈ আগবঢ়োৱা হয় অসামৰিক ক্ষেত্ৰৰ দ্বিতীয় সৰ্বোচ্চ সন্মান পদ্মবিভূষণ। সেই একেটা বছৰতে সাহিত্য অকাদেমীয়ে তেওঁক জীৱনযোৰা সাধনাৰ অমৰ সাহিত্যৰাজিৰ বাবে সাহিত্য অকাডেমি ফেল’শ্বিপ বঁটাৰে সন্মানিত কৰে। জীৱনপঞ্জী অমৃতা প্ৰীতমৰ জন্ম হয় ১৯১৯ চনত ব্ৰিটিছৰ অধীনৰ অবিভক্ত ভাৰতৰ পঞ্জাব প্ৰদেশ (বৰ্তমান পাকিস্তান)-ৰ গোজৰানৱালাত। পিতৃ-মাতৃৰ একমাত্ৰ সন্তান অমৃতা প্ৰীতমৰ প্ৰথমে নাম আছিল অমৃত কৌৰ। তেওঁৰ পিতৃ কৰ্তাৰ সিং হিতকাৰী আছিল এজন স্কুল শিক্ষক আৰু ব্ৰজ ভাষাৰ এগৰাকী গৱেষক। কৰ্তাৰ সিং হিতকাৰী সেই সময়ৰ এখন আলোচনীৰ সম্পাদনাৰ লগতো জড়িত আছিল। তদুপৰি শিখ ধৰ্মীয় বিশ্বাস প্ৰচাৰ আৰু প্ৰসাৰৰ কামতো তেওঁ জড়িত আছিল। অমৃতা প্ৰীতমৰ এঘাৰ বছৰ বয়সত তেওঁৰ মাতৃৰ মৃত্যু হয়। তাৰ পাছতে তেওঁ পিতৃ সৈতে লাহোৰলৈ আহে আৰু ১৯৪৭ চনত ভাৰতৰ স্বাধীনতাৰ বাবে হোৱা দেশ বিভাজনৰ সময়লৈকে লাহোৰতে থাকে। নিচেই কম বয়সতে মাতৃহীনা হোৱা অমৃতা প্ৰীতমে ঘৰুৱা দয়িত্বৰ বোজা কঢ়িয়াবলগীয়া হয়। নিসংগতাই আগুৰি ধৰা অমৃতা প্ৰীতমে কলমৰ জৰিয়তে মনৰ বোজা পাতলাবলৈ চেষ্টা আৰম্ভ কৰে। মাত্ৰ ষোল্ল বছৰ বয়সতে তেওঁৰ কাব্যপুথি ‘অমৃত লেহৰে’ প্ৰকাশিত হয়। সেই বছৰতে তেওঁ প্ৰীতম সিং নামেৰে এগৰাকী কাকত সম্পাদকৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। শৈশৱতে অমৃতা প্ৰীতমৰ বিবাহ প্ৰীতম সিংৰ সৈতে ঠিক কৰি ৰখা হৈছিল। বিবাহৰ পিছতে তেওঁ নিজৰ নাম অমৃত কৌৰৰ পৰা অমৃতা প্ৰীতমলৈ সলনি কৰে। ১৯৩৬ ৰ পৰা ১৯৪৩ চনলৈ এই কালচোৱাত তেওঁৰ আধা ডজন কবিতাৰ সংকলন প্ৰকাশ পায়। ৰোমাণ্টিক কাব্যচৰ্চাৰে সাহিত্যিক জীৱন আৰম্ভ কৰা অমৃতা প্ৰীতমে পিছলৈ প্ৰগতিবাদী নাৰী আন্দোলনৰ সৈতে জড়িত হৈ পৰে। তেওঁৰ নাৰীবাদী লেখাৰ চাপ প্ৰথম দেখিবলৈ পোৱা যায় ১৯৪৪ চনত যুদ্ধ বিধ্বস্ত অৰ্থনীতিৰ ওপৰত লিখা ‘লোক পীড়’ শীৰ্ষক গ্ৰন্থখনিত। সেই সময়ছোৱাতে তেওঁ কিছু সামাজিক কাম-কাজৰ সৈতেও জড়িত হয়। সেইসময়ৰ বিশিষ্ট সমাজকৰ্মী গুৰু ৰাধা কিষনৰ উদ্যোগত ভাৰতৰ স্বাধীনতাৰ পিছত দিল্লীত ‘জনতা লাইব্ৰেৰী’ স্থাপন কৰা হয়। ‘বলৰাজ চাহানী’ আৰু অৰুণা আশ্ৰফ আলীৰ দ্বাৰা উদ্বোধিত এই অনুষ্ঠানটোৰ লগত অমৃতা প্ৰীতম উতপ্ৰোতভাৱে জড়িত হৈ আছিল। এই লাইব্ৰেৰী পুথি ঘৰটো বৰ্তমান সময়তো দিল্লীৰ ৰ সমীপত সুচাৰোৰূপে পৰিচালিত হৈ আছে। দেশ বিভাজনৰ আগেয়ে লাহোৰ ৰেডিঅ’ চেণ্টাৰৰ সৈতেও অমৃতা প্ৰীতম কিছুদিন জড়িত হৈ আছিল। এইগৰাকী বিশিষ্ট লেখিকাৰ প্ৰতি শ্ৰদ্ধা নিবেদি বিশিষ্ট নাট্যকৰ্মী তথা দেশ বিভাজনৰ ওপৰত নিৰ্মিত চলচ্চিত্ৰ ‘গৰম হাৱা’ৰ পৰিচালক ‘এম এচ চাথু’য়ে ‘এক থি অমৃতা’ শীৰ্ষক এখন নাট্য ৰচনা কৰিছে। অমৃতা প্ৰীতম লিখনিৰ কিছু কিছু অংশৰ সৈতে জীৱনীমূলক তথ্যচিত্ৰ ভিত্তিক নাটখনি প্ৰযোজনা কৰিছিল ‘কে কে কোহলি’য়ে। ‘চাহিৰ’ শীৰ্ষক নাটকেৰে সমাদৃত হোৱা বিশিষ্ট নাট্যকাৰ ‘দানিছ ইকবাল’ৰ দ্বাৰা ৰচিত এই নাটখনিত ‘লভলীন থাদানী’, ‘মংগট ৰাম’, ‘বিজয় নাগ্যাল’, ‘কেদাৰ শৰ্মা’ আদি বহু প্ৰসিদ্ধ অভিনেতায়ে অভিনয় কৰিছিল। ব্যক্তিগত জীৱন ১৯৩৫ চনত লাহোৰৰ আনাৰকলি বজাৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী এগৰাকীৰ পুত্ৰ প্ৰীতম সিংৰ সৈতে অমৃতা প্ৰীতম বিবাহপাশত আৱদ্ধ হয়। কিন্ত্ত ১৯৬০ চনত তেওঁলোক দুয়োৰে বিবাহ বিচ্ছেদ হয়। সেই সময়ৰ প্ৰসিদ্ধ কবি শ্বাহিৰ লুধিয়ানভিৰ সৈতে অমৃতা প্ৰীতমৰ প্ৰেমৰ সম্পৰ্ক থকাৰ কথা জনা যায়। এই প্ৰেমৰ সম্পৰ্কৰ কথা অমৃতা প্ৰীতমে তেওঁৰ আত্মজীৱনী মূলক লেখা ‘ৰচিদি টিকেট’ )ত স্বীকাৰ কৰিছে। পৰৱৰ্তী সময়ত গায়িকা সুধা মালহোত্ৰা শ্বাহিৰ লুধিয়ানভিৰ জীৱনলৈ অহাৰ পৰিপ্ৰেক্ষিতত এই প্ৰেমৰ সম্পৰ্কত যতি পৰে। অকলশৰীয়া অমৃতা প্ৰীতমৰ জীৱনলৈ সেই সময়তে আহে প্ৰ্সিদ্ধ চিত্ৰশিল্পী তথা লেখক ইমৰোজ। অমৃতা প্ৰীতমে জীৱনৰ শেষৰ ৪০টা বছৰ কাল শিল্পী ইমৰোজৰ সংগতে কটায়। শিল্পী ইমৰোজে অমৃতা প্ৰীতমৰ ভালেকেইখন কিতাপৰ অলংকৰণৰ কাম কৰাৰ লগতে শিল্পীজনাৰ বহুকেইখন চিত্ৰকৰ্মৰ বিষয়ো অমৃতা প্ৰীতমেই। দুয়োৰে প্ৰেমৰ সম্পৰ্কক লৈ শীৰ্ষক এখনি গ্ৰন্থও ইতিমধ্যে প্ৰকাশিত হৈছে। ২০০৫ চনৰ ৩১ অক্টোবৰ তাৰিখে নতুন দিল্লীৰ নিজা বাসভৱনত বহুদিনীয়া অসুস্থতাৰ অন্তত নিদ্ৰাৰত অৱস্থাতে অমৃতা প্ৰীতমৰ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ। মৃত্যুৰ সময়ত তেওঁ সংগী ইমৰোজ, পুত্ৰী কণ্ডলা, পুত্ৰ নভৰাজ কোৱাত্ৰা, বোৱাৰী অলকা আৰু নাতি-নাতিনী তোৰাছ, নুৰ, অমন আৰু শিল্পীক এৰি থৈ যায়। ২০১২ চনত অমৃতা প্ৰীতমৰ পুত্ৰ নভৰাজ কোৱাত্ৰাক অজ্ঞাত কোনো লোকে নিজা বাসভৱনতে হত্যা কৰে। ব্ৰিটিছ ভাৰতৰ বিভাজন ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ সময়ত হোৱা দেশ বিভাজনৰ ফলত ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে প্ৰবল গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টি হয়। ফলশ্ৰুতিত কেইবাহাজাৰো হিন্দু, মুছলিম আৰু শিখ ধৰ্মাৱলম্বী লোকৰ প্ৰাণহানি হোৱাৰ লগতে বহু লোক গৃহহাৰা হয়। সেই সময়ত অমৃতা প্ৰীতমৰ বয়স হৈছিল ২৮ বছৰ। শৰনাৰ্থী হৈ অমৃতা প্ৰীতমৰ পৰিয়ালটোও লাহোৰৰ পৰা দিল্লী আহিবলৈ বাধ্য হয়। ১৯৪৮ চনত গৰ্ভৱতী অমৃতা প্ৰীতমে ডেৰাডুনৰ পৰা দিল্লীলৈ যাত্ৰা কৰাৰ সময়ত দেশ বিভাজনে তেওঁৰ মনত সৃষ্টি কৰা প্ৰবল ক্ষোভ আৰু ব্যথাৰ ছবিখন কলমেৰে নিগৰিত কৰে। ‘আজ আখা ৱাৰিচ শ্বাহ নু’ শীৰ্ষক কবিতাটি দেশ বিভাজনৰ পটভূমিত ৰচিত অন্যতম বিষাদধৰ্মী কবিতা হিচাপে চিহ্নিত হৈছে। এই কবিতাটোৱে অমৃতা প্ৰীতমৰ নাম চিৰস্মৰণীয় কৰি ৰাখিছে। কবিতাটো অমৃতা প্ৰীতমে চুফী কবি ৱাৰিচ শ্বাহক সম্বোধি ৰচনা কৰিছে। প্ৰখ্যাত কবি ৱাৰিচ শ্বাহ হ’ল ‘হীৰ আৰু ৰাঞ্জা’ শীৰ্ষক ট্ৰেজিক কাহিনীৰ স্ৰ্ষ্টা। অমৃতা প্ৰীতমে কবিতাটোত ৱাৰিচ শ্বাহক সম্বোধি দেশ বিভাজনৰ কৰুণ চিত্ৰখনি বৰ্ণনা কৰিছে। ১৯৬১ চনলৈকে অমৃতা প্ৰীতমে ‘অল ইণ্ডিয়া ৰেডিঅ’ৰ পঞ্জাবী সেৱা বিভাগত কৰ্মৰত আছিল। ১৯৬০ চনত হোৱা বিবাহ বিচ্ছেদৰ পিছতে তেওঁৰ লিখনী সমূহ নাৰীবাদী লেখাৰ ফাললৈ ঢাল খায়। সেই সময়ত লিখা বহুকেইটা গল্প আৰু কবিতাত তেওঁ বৈবাহিক জীৱনৰ তিক্ততাৰ কাহিনী বৰ্ণনা কৰিছে। অমৃতা প্ৰীতমৰ ভালেখিনি লিখনি ইতিমধ্যে ইংৰাজী, ফৰাচী, জাপানীজ, মান্দাৰীন আৰু অন্যান্য বিদেশী ভাষালৈ অনূদিত হৈছে। তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ ‘ব্লেক ৰোজ’ আৰু ‘ৰচিদি টিকেট’ ইতিমধ্যে পঞ্জাবী আৰু উৰ্দুৰ বাহিৰেও অন্যান্য ভাৰাতীয় ভাষাসমূহলৈ অনুবাদ কৰা হৈছে। অমৃতা প্ৰীতমৰ গ্ৰন্থৰ ওপৰত আধাৰিত প্ৰথমখন চলচ্চিত্ৰ হ’ল কাদম্বৰী(১৯৬৫)। তেওঁৰ ‘ধৰতী সাগৰ তে চিপিয়া’ শীৰ্ষক গ্ৰন্থৰ আধাৰত এই কথাছবিখন নিৰ্মাণ কৰা হৈছিল। ১৯৭৬ চনত প্ৰখ্যাত পৰিচালক ‘বসু ভট্টাচাৰ্য্য’ই অমৃতা প্ৰীতমৰ ‘উনাগ দি কাহিনী’ গ্ৰ্ন্থৰ আধাৰত ‘দাকু’ কথাছবিখন নিৰ্মাণ কৰে। তেওঁৰ ‘পিঞ্জৰ’(১৯৭০) উপন্যাসখনত দেশ বিভাজনে সৃষ্টি কৰা সংঘৰ্ষ আৰু সেই সময়ৰ এগৰাকী নাৰীৰ জীৱনৰ দুখ-দুৰ্দশা আৰু কৰুণ জীৱন গাঁথা বৰ্ণনা কৰিছে। এই উপন্যাসখনৰ আধাৰত চন্দ্ৰ প্ৰসাদ দ্বিবেদীয়ে নিৰ্মাণ কৰি উলিওৱা পিঞ্জৰ চলচ্চিত্ৰখনে শ্ৰেষ্ঠ কলা-নিৰ্দেশনাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। দুয়োখন দেশৰে সাধাৰণ শ্ৰেণীৰ লোকক সামৰি নিৰ্মাণ কৰা কথাছবিখন ৰাজস্থান আৰু পঞ্জাবৰ সীমামূৰীয়া অঞ্চলত চিত্ৰগ্ৰহণ কৰা হৈছিল। পঞ্জাবী ভাষাত ‘নাগমণি’ নামেৰে এখন মাহেকীয়া কাব্যালোচনী অমৃতা প্ৰীতমে সম্পাদনা কৰিছিল। সাহিত্য আলোচনীখন সুদীৰ্ঘ ৩৩ বছৰ কাল তেওঁ সংগী ইমৰোজৰ সহযোগত প্ৰ্কাশ কৰি উলিয়াইছিল। অৱশ্যে ভাৰতলৈ অহাৰ পিছৰ কালছোৱাত তেওঁ পঞ্জাবীৰ লগতে হিন্দী ভাষাতো সমানে সাহিত্যচৰ্চা অব্যাহত ৰাখিছিল। পিছৰ জীৱনত তেওঁ ধৰ্মগুৰু শ্ৰী ৰাজনীশৰ সংস্পৰ্শলৈ আহে আৰু ‘এক ঔংকাৰ সতনাম’ আতি বহুতো গ্ৰন্থৰ পাতনি লিখিবলৈ লয়। সেই সময়ছোৱাতে তেওঁ কিছু আধ্যাত্মিক গ্ৰন্থ ৰচনা কৰে। ‘কাল চেতনা’, অজ্ঞাত কা নিমন্ত্ৰণ’ আদি হ’ল অমৃতা প্ৰীতমে লিখা কেইখনমান আধ্যাত্মিক গ্ৰন্থ। তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ কেইখন হ’ল ‘কালা গোলাব’ (১৯৬৮), ‘ৰচিদি টিকেট’ (১৯৭৬) আৰু ‘অক্ষৰো কে ছাঁয়ে’। সন্মান, বঁটা-বাহন অমৃতা প্ৰীতম হ’ল ‘পঞ্জাব ৰত্ন’ সন্মান লাভ কৰা প্ৰথম গৰাকী ব্যক্তি। এই বঁটা তেওঁক সেই সময়ৰ পঞ্জাবৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে প্ৰদান কৰে। ‘সুনেহৰে’ শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাদেমী বঁটা লাভ কৰা অমৃতা প্ৰীতম হ’ল এই বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা সাহিত্যিক। ১৯৮২ চনত ‘কাগজ তে কেনভাচ’ শীৰ্ষক গ্ৰ্ন্থৰ বাবে অমৃতা প্ৰীতমলৈ আগবঢ়োৱা হয় সাহিত্য জগতৰ সৰ্বোচ্চ সন্মান ‘জ্ঞানপীঠ’ বঁটা। ১৯৬৯ চনত তেওঁলৈ আগবঢ়োৱা হয় পদ্মশ্ৰী সন্মান। ২০০৪ চনত তেওঁলৈ ভাৰত চৰকাৰৰ অসামৰিক ক্ষেত্ৰৰ দ্বিতীয় সৰ্বোচ্চ সন্মান ‘পদ্মবিভূষণ’ আৰু সাহিত্য ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান ‘সাহিত্য একাদেমি ফেল’শ্বিপ’ বঁটা আগবঢ়োৱা হয়। তদুপৰি ১৯৭৩ চনত দিল্লী বিশ্ববিদ্যালয় আৰু জবলপুৰ বিশ্ববিদ্যালয়ে আৰু ১৯৮৭ চনত বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডি লিট ডিগ্ৰী প্ৰদান কৰে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো অমৃতা প্ৰীতম সন্মানিত হৈছে। ১৯৭৯ চনত বুলগেৰিয়া চৰকাৰে তেওঁক আগবঢ়ায় সন্মান। তদুপৰি ১৯৮৭ চনত ফ্ৰান্স চৰকাৰে তেওঁক বঁটাৰে সন্মানিত কৰে। ১৯৮৬-৯২ কালচোৱাত তেওঁ ৰাজ্যসভাৰ সদস্য নিৰ্বাচিত হয়। জীৱনৰ শেষ কালচোৱাত তেওঁক পাকিস্তানৰ পঞ্জাবী একাদেমীৰ ফালৰ পৰা সন্মানিত কৰা হয়। এই বঁটাৰ কথা অমৃতা প্ৰীতমে পৰম সন্তোষেৰে ‘বহু দিনৰ পিছত মোৰ মাৰ ঘৰখনে মোক মনত পেলালে’ )বুলি উল্লেখ কৰিছিল। ইয়াৰোপৰি পাকিস্তানৰ পঞ্জাবী কবিসকলৰ তৰফৰ পৰা তেওঁলৈ চুফি সন্ত ‘ৱাৰিচ শ্বাহ’ আৰু চুফি কবি ‘বুল্লে শ্বাহ’, ‘চুলতান বাহু’ৰ সমাধিৰ পৰা ‘চাদৰ’ সন্মান স্বৰূপে প্ৰেৰণ কৰিছিল। সংলগ্ন তথ্য ২০০৭ বৰ্ষত প্ৰসিদ্ধ গীতিকাৰ গুলজাৰৰ কণ্ঠত শীৰ্ষক এখনি শ্ৰব্য সঁফুৰাই মুক্তি লাভ কৰে। এলবামখনিত গুলজাৰৰ কণ্ঠত অমৃতা প্ৰীতমৰ বহুকেইটা কবিতাই প্ৰাণ পাই উঠিছে। ইতিমধ্যে অমৃতা প্ৰীতমৰ জীৱনীভিত্তিক কথাছবি এখনৰ কাম-কাজো আগবঢ়িছে। ৰচনাৱলী ছয় দশকযোৰি সাহিত্য চৰ্চা কৰা অমৃতা প্ৰীতমৰ কাপেৰে ২৮খন উপন্যাস, ১৮খন গদ্য সংকলন, ৫খন চুটি গল্প সংকলন আৰু ১৬খন অন্যান্য গদ্য ৰচনা প্ৰকাশিত হৈছে। উপন্যাস পিঞ্জৰ ‘’ডক্টৰ দেৱ’’ ‘’কোৰে কাগজ, উনশষ দিন’’ ‘’ধৰতী, সাগৰ ঔৰ চিপিয়া’’ ‘’ৰংগ কা পাট্টা’’ ‘’দিল্লী কী গলীয়া’’ ‘’তেৰাহৱা সূৰয’’ ‘’য়াত্ৰী’’ (1968) ‘’জিলাৱতন’’ হৰদত্ত কা জিন্দগীনামা’’ আত্মজীৱনী (1976) ৰিশ্বিদি টিকেট (2004) শ্বেদ’ অৱ ৱৰ্ডছ ‘’এ ৰেভিনিউ ষ্টাম্প’’ ‘’’’চুটি গল্প’’ কাহিনীয়া জো কাহিনীয়া নেহী কাহিনীয়ো কে আংগন মে ষ্টেনস অৱ কেৰ’চিন কাব্য সংকলন )(1936) অমৃত লেহৰে (1939) জিন্দা জীৱন (1942) ত্ৰেল ধোতে ফুল (1942) অ’ গীতা ভালিয়া (1943) বাদলাম দে লালী (1943) সনয দে লালী (1944) লোক পীড়া (1946) পটথৰ গীতে (1952) পঞ্জাব দি আৱাজ (1955) সাহিত্য অকাডেমি বঁটা চুনেহৰে (1957) অশোকা শেটি (1957) কস্তুৰী (1964) নাগমণি (1964) ইক চি অনিতা (1964) চক নাম্বাৰ চাট্টি (49 (1979) উনিনজা দিন (1981)- কাগজ তে কেনভাচ চুনি হোৱি কবিতায়ে এক বাত সাহিত্যালোচনী নাগমণি, মাহেকীয়া কাব্যালোচনী তথ্যসূত্ৰ অধিক পঢ়ক (2006) 0-14-310044-0 50 81-88086-19-3 1 4: 2005. 28-35 9- 1979. 0-7069-0709-4. 109''. বাহ্যিক সংযোগ ২০০৯-১০-২৫) ভিডিঅ'লিংক ভাৰতৰ ব্যক্তি মৃত ব্যক্তি ভাৰতীয় সাহিত্যিক পদ্মশ্ৰী বঁটা বিজয়ী পদ্মবিভূষণ বঁটা জ্ঞানপীঠ বঁটা বিজয়ী পঞ্জাবী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্য অকাডেমিৰ ফেলোশ্বিপ
82787
https://as.wikipedia.org/wiki/%E0%A6%A6%E0%A7%8D%E0%A6%AF%20%E0%A6%9F%E0%A6%BE%E0%A6%87%E0%A6%AE%E0%A6%9B%20%E0%A6%85%E0%A7%B1%20%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE
দ্য টাইমছ অৱ ইণ্ডিয়া
দ্য টাইমছ অৱ ইণ্ডিয়া (ইয়াৰ সংক্ষিপ্ত ৰূপ নামেৰেও জনাজাত) হৈছে দ্য টাইমছ গ্ৰুপৰ মালিকানাধীন আৰু পৰিচালিত ইংৰাজী ভাষাৰ এখন ভাৰতীয় দৈনিক বাতৰি কাকত আৰু ডিজিটেল সংবাদ পত্ৰ। প্ৰচলনৰ হিচাপত ই ভাৰতৰ তৃতীয় বৃহত্তম কাকত আৰু বিশ্বৰ ভিতৰতে সৰ্বাধিক বিক্ৰী হোৱা ইংৰাজী ভাষাৰ দৈনিক কাকত। ই ভাৰতৰ আটাইতকৈ পুৰণি ইংৰাজী ভাষাৰ কাকত, আৰু এতিয়াও প্ৰচলিত দ্বিতীয় পুৰণি ভাৰতীয় কাকত। ইয়াৰ প্ৰথম সংস্কৰণ ১৮৩৮ চনত প্ৰকাশ পাইছিল। ইয়াক "বৰি বন্দৰৰ বৃদ্ধ ভদ্ৰমহিলা" উপনামেৰে জনা যায়, আৰু ই এখন ভাৰতীয় "অভিলেখৰ বাতৰি কাকত"। কুৰি শতিকাৰ আৰম্ভণিৰ সময়ত ভাৰতৰ ভাইচৰয় লৰ্ড কাৰ্জনে টাইমছ অৱ ইণ্ডিয়াক "এছিয়াৰ আগশাৰীৰ সংবাদ পত্ৰ" বুলি অভিহিত কৰিছিল। ১৯৯১ চনত বিবিচিয়ে ইয়াক বিশ্বৰ ছখন শ্ৰেষ্ঠ বাতৰি কাকতৰ ভিতৰত স্থান দিয়ে। ইয়াৰ মালিক আৰু প্ৰকাশক হৈছে বেনেট, ক’লমেন এণ্ড কো লিমিটেড যিটো চাহু জৈন পৰিয়ালৰ মালিকানাধীন। ব্ৰেণ্ড ট্ৰাষ্ট ৰিপৰ্ট ইণ্ডিয়া অধ্যয়ন ২০১৯ত টাইমছ অব ইণ্ডিয়াক ভাৰতৰ আটাইতকৈ বিশ্বাসযোগ্য ইংৰাজী কাকত হিচাপে ৰেটিং দিয়া হৈছিল। ৰয়টাৰ্ছৰ এক সমীক্ষাত টয়ক ভাৰতৰ আটাইতকৈ বিশ্বাসযোগ্য মিডিয়া নিউজ ব্ৰেণ্ড হিচাপে ৰেটিং দিয়া হৈছে। শেহতীয়া দশককেইটাত কাকতখনে ভাৰতীয় সংবাদ উদ্যোগত ইতিবাচক সংবাদ প্ৰচাৰৰ বিনিময়ত ব্যক্তি আৰু সংস্থাৰপৰা ধন লোৱাৰ প্ৰথা প্ৰতিষ্ঠা কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে। ইতিহাস আৰম্ভণি ১৮৩৮ চনৰ ৩ নৱেম্বৰত দ্য বম্বে টাইমছ আৰু জাৰ্নেল অৱ কমাৰ্চ নামেৰে দ্য টাইমছ অৱ ইণ্ডিয়াৰ প্ৰথমটো সংস্কৰণ প্ৰকাশ পাইছিল। মহাৰাষ্ট্ৰৰ সমাজ সংস্কাৰক ৰাওবাহাদুৰ নাৰায়ণ দীনানাথ ভেলকাৰৰ পৰিচালনাত বুধবাৰ আৰু শনিবাৰে প্ৰকাশ পোৱা কাকতখনত ব্ৰিটেইন আৰু বিশ্বৰ লগতে ভাৰতীয় উপমহাদেশৰ বাতৰিও প্ৰকাশ পাইছিল। জে ই ব্ৰেনান ইয়াৰ প্ৰথম সম্পাদক আছিল। ১৮৫০ চনত ইয়াৰ দৈনিক সংস্কৰণ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল। ১৮৬০ চনত সম্পাদক ৰবাৰ্ট নাইটে (১৮২৫–১৮৯২) ব্যৱসায়িক অংশীদাৰিত্ব থকা ভাৰতীয়সকলৰ সুত ক্ৰয় কৰি, আৰু প্ৰতিদ্বন্দ্বী বম্বে ষ্টেণ্ডাৰ্ডৰ সৈতে একত্ৰিত কৰি ভাৰতৰ প্ৰথমটো সংবাদ সংস্থা আৰম্ভ কৰিছিল। ১৮৬১ চনত তেওঁ বম্বে টাইমছ আৰু ষ্টেণ্ডাৰ্ডৰ পৰা দ্য টাইমছ অফ ইণ্ডিয়ালৈ নামটো সলনি কৰিছিল। নাইটে আগতীয়া বাধা বা ভয়-ভাবুকিৰ পৰা মুক্ত এক সংবাদ মাধ্যমৰ হকে যুঁজিছিল; চৰকাৰ, ব্যৱসায়িক স্বাৰ্থ আৰু সাংস্কৃতিক মুখপাত্ৰসকলৰ প্ৰচেষ্টাক সঘনাই প্ৰতিহত কৰি কাকতখনক ৰাষ্ট্ৰীয় গুৰুত্ব লাভ কৰাৰ দিশত আগুৱাই লৈ গৈছিল। ঊনবিংশ শতিকাত এই কাকত কোম্পানীটোৱে ৮০০ৰো অধিক লোক নিয়োজিত কৰিছিল,আৰু ভাৰত আৰু ইউৰোপত ইয়াৰ উল্লেখনীয় প্ৰচলন আছিল। বেনেট আৰু কলমেনৰ মালিকীস্বত্ব পৰৱৰ্তী সময়ত ১৮৯২ চনলৈকে টয়ৰ মালিকীস্বত্ব কেইবাবাৰো সলনি হোৱা দেখা যায়। ১৮৯২ চনত থমাছ জুৱেল বেনেট নামৰ এজন ইংৰাজ সাংবাদিকে ফ্ৰেংক মৰিছ কলমেনৰ সৈতে (যাৰ পিছলৈ ১৯১৫ চনত এছ এছ পাৰ্ছিয়া ডুব যোৱাৰ ফলত মৃত্যু হয়) তেওঁলোকৰ নতুন যৌথ ষ্টক কোম্পানী "বেনেট, কলমেন এণ্ড কোম্পানী লিমিটেড"ৰ জৰিয়তে কাকতখন অধিগ্ৰহণ কৰে। ডালমিয়াৰ মালিকীস্বত্ব ছাৰ ষ্টেনলি ৰিডে ১৯০৭ চনৰ পৰা ১৯২৪ চনলৈকে টাইমছ অৱ ইণ্ডিয়া সম্পাদনা কৰিছিল, আৰু মহাত্মা গান্ধীৰ দৰে ভাৰতৰ গুৰুত্বপূৰ্ণ ব্যক্তিৰ পৰা চিঠিপত্ৰ লাভ কৰিছিল। মুঠতে তেওঁ ভাৰতত পঞ্চাশ বছৰ বাস কৰিছিল। ভাৰতীয় সাম্প্ৰতিক পৰিস্থিতিৰ বিশেষজ্ঞ হিচাপে তেওঁ যুক্তৰাজ্যত সন্মান লাভ কৰিছিল। ভাৰত স্বাধীন হোৱাৰ লগে লগে আৰু ব্ৰিটিছ মালিকসকল গুচি যোৱাৰ লগে লগে ১৯৪৬ চনত বেনেট কলমেন এণ্ড কোম্পানী লিমিটেডক ঔদ্যোগিক পৰিয়ালৰ চেনিৰ ব্যৱসায়ী ৰামকৃষ্ণ ডালমিয়াৰ হাতত ২০ মিলিয়নত (২০২০ চনত ২.৪ বিলিয়ন বা ৩০ মিলিয়ন মাৰ্কিন ডলাৰৰ সমতুল্য) বিক্ৰী কৰা হৈছিল। ১৯৫৫ চনত ভিভিয়ান বোস তদন্ত আয়োগে গম পায় যে ৰামকৃষ্ণ ডালমিয়াই ১৯৪৭ চনত তেওঁৰ অধ্যক্ষতাত পৰিচালিত এটা বেংক আৰু এটা বীমা কোম্পানীৰ পৰা ধন হস্তান্তৰ কৰি বেনেট কলমেন এণ্ড কোম্পানীক অধিগ্ৰহণৰ কাম কৰিছিল। পাছলৈ আদালতৰ গোচৰত ৰামকৃষ্ণ ডালমিয়াক আত্মসাৎ আৰু প্ৰৱঞ্চনাৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত দুবছৰ তিহাৰ কাৰাগাৰত কাৰাদণ্ড বিহা হয়। কাৰাদণ্ডৰ বেছিভাগ সময় তেওঁ চিকিৎসালয়ত কটাবলৈ সক্ষম হৈছিল। মুক্তি পোৱাৰ লগে লগে তেওঁৰ জোঁৱায়েক সাহু শান্তি প্ৰসাদ জৈনে, যাক তেওঁ বেনেট, কলমেন এণ্ড কোম্পানী লিমিটেডৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰিছিল, কোম্পানীটোৰ নেতৃত্ব ডালমিয়াই পুনৰ নিজৰ হাতত লোৱাৰ প্ৰচেষ্টাক অগ্ৰাহ্য কৰিছিল। জৈন পৰিয়াল (শান্তি প্ৰসাদ জৈন) ১৯৬০ চনৰ আৰম্ভণিতে ক'লা বজাৰত বাতৰি কাকত বিক্ৰী কৰাৰ অভিযোগত শান্তি প্ৰসাদ জৈনক কাৰাবন্দী কৰা হয়। আৰু ভিভিয়ান বোস কমিছনৰ পূৰ্বৰ প্ৰতিবেদনৰ ভিত্তিত ডালমিয়া–জৈন গোটৰ ভুল কামৰ তথ্য পোৱা গৈছিল, য’ত শান্তি প্ৰসাদ জৈনৰ বিৰুদ্ধে নিৰ্দিষ্ট অভিযোগো সন্নিৱিষ্ট আছিল। ইয়াৰ ভিত্তিত ভাৰত চৰকাৰে বেনেট, কলমেন এণ্ড কোম্পানীৰ পৰিচালনাক বাধা দিবলৈ আৰু আঁতৰোৱাৰ বাবে আবেদন দাখিল কৰিছিল। আবেদনৰ ভিত্তিত ন্যায়াধীশে চৰকাৰক বাতৰি কাকতখনৰ নিয়ন্ত্ৰণ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ ফলত আধাসংখ্যক পৰিচালকক সলনি কৰি বম্বে উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল। ভাৰত চৰকাৰৰ অধীনত ডালমিয়া–জৈন গোটৰ গুৰুতৰ অপৰাধৰ ইংগিত দিয়া ভিভিয়ান বোস কমিছনৰ প্ৰতিবেদনৰ পিছত ১৯৬৯ চনৰ ২৮ আগষ্টত ন্যায়াধীশ জে এল নাইনৰ অধীনত ব'ম্বে উচ্চ ন্যায়ালয়ে পূৰ্বৰ বেনেট, কোলেমন এণ্ড কোম্পানীৰ পৰিষদখন ভংগ কৰি চৰকাৰৰ অধীনত এখনত নতুন পৰিষদ গঠন কৰিবলৈ নিৰ্দেশ দিছিল। বিচাৰপীঠে ৰায় দিয়ে যে "এনে পৰিস্থিতিত, কোম্পানীটোৰ কাম-কাজসমূহ জনস্বাৰ্থৰ পক্ষে নগৈ কোম্পানীটোৰ নিজ স্বাৰ্থৰ পক্ষে কৰা হৈছে বুলি আবেদনকাৰীসকলে কৰা অভিযোগসমূহ শুদ্ধ হিচাপে ধৰি লৈ এনে আদেশ প্ৰদান কৰাটোৱেই উত্তম হ'ব।" সেই নিৰ্দেশৰ পিছত শান্তি প্ৰসাদ জৈনে পৰিচালকৰ দায়িত্ব এৰিবলগা হৈছিল আৰু ভাৰত চৰকাৰে নিযুক্তি দিয়া নতুন পৰিচালকৰ সৈতে কোম্পানীটো চলিছিল। তেতিয়াও পৰিষদত অক্ষুণ্ন থকা একমাত্ৰ ব্যতিক্ৰম আছিল জৈনসকলৰ এজন ষ্টেনোগ্ৰাফাৰ। আচৰিতভাৱে আদালতে ডি কে কুণ্টেক ব’ৰ্ডৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছিল। কুন্টেৰ পূৰ্বে কোনো ব্যৱসায়িক অভিজ্ঞতা নাছিল আৰু তেওঁ লোকসভাৰ বিৰোধী দলৰ সদস্যও আছিল। পুনৰ জৈন পৰিয়ালৰ হাতত ১৯৭৬ চনত ভাৰতত জৰুৰীকালীন অৱস্থা চলি থকাৰ সময়ত চৰকাৰে কাকতখনৰ মালিকীস্বত্ব পুনৰ অশোক কুমাৰ জৈনলৈ হস্তান্তৰ কৰে, যি আছিল সাহু শান্তি প্ৰসাদ জৈনৰ পুত্ৰ আৰু ৰামকৃষ্ণ ডালমিয়াৰ নাতি। তেওঁ বৰ্তমানৰ মালিক সমীৰ জৈন আৰু বিনীত জৈনৰ পিতৃ। জৈনসকলেও সঘনাই বিভিন্ন ধন সৰবৰাহৰ কেলেংকাৰীত জড়িত হৈছিল। ১৯৯৮ চনত অশোক কুমাৰ জৈনে ছুইজাৰলেণ্ডৰ বিদেশী একাউণ্ট এটালৈ অবৈধভাৱে ধন হস্তান্তৰ কৰাৰ অভিযোগত চলি থকা গোচৰটো আইন বলবৎকাৰী সঞ্চালকালয়ে গুৰুত্বসহকাৰে চলাই থকাৰ সময়ত তেওঁ দেশ এৰি পলায়ন কৰিবলগীয়া হৈছিল। জৰুৰীকালীন অৱস্থাৰ সময়ত ১৯৭৫ চনৰ ২৬ জুন তাৰিখে ভাৰতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ পিছদিনা টাইমছ অৱ ইণ্ডিয়াৰ বোম্বে সংস্কৰণত ইয়াৰ মৃত্যু-সংবাদ স্তম্ভত লিখা হৈছিল 25 এই পদক্ষেপৰ জৰিয়তে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ২১ মাহৰ জৰুৰীকালীন অৱস্থাৰ সমালোচনা কৰা হৈছিল, যিটো বৰ্তমান বহুলভাৱে হিচাপে জনাজাত। বহুতে এই সময়ছোৱাক ভাৰত চৰকাৰৰ সম্পূৰ্ণ স্বৈৰাচাৰী কাল হিচাপে গণ্য কৰে। একবিংশ শতিকাত টাইমছ অৱ ইণ্ডিয়া ২০০৬ চনৰ শেষৰ ফালে টাইমছ গ্ৰুপে বিজয়ানন্দ প্ৰিণ্টাৰছ লিমিটেড (ভিপিএল) অধিগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে ভিপিএলে বিজয় কৰ্ণাটক আৰু উষা কিৰণ নামৰ দুখন কানাড়া কাকত, আৰু বিজয় টাইমছ নামৰ এখন ইংৰাজী দৈনিক প্ৰকাশ কৰিছিল। সেই সময়ত কানাড়া কাকতৰ খণ্ডত বিজয় কৰ্ণাটক আগশাৰীৰ আছিল। কাকতখনে ২০০৮ চনৰ ১২ এপ্ৰিলত চেন্নাই সংস্কৰণ মুকলি কৰিছিল। ২০১৩ চনৰ ফেব্ৰুৱাৰীত ইয়াৰ এটা কলহাপুৰ সংস্কৰণ মুকলি কৰা হৈছিল। টয়ফা বঁটা ২০১৩ চনত প্ৰৱৰ্তিত আৰু ২০১৬ চনত দ্বিতীয়বাৰৰ বাবে প্ৰদান কৰা "দ্য টাইমছ অৱ ইণ্ডিয়া ফিল্ম এৱাৰ্ডছ" বা "টয়ফা" হৈছে চলচ্চিত্ৰ উদ্যোগৰ কামৰ বাবে দিয়া বঁটা, য'ত মনোনয়ন শাখাসমূহৰ ওপৰত বিশ্বব্যাপী ৰাজহুৱা ভোটৰ দ্বাৰা বিজেতাসকল নিৰ্ধাৰণ কৰা হয়। সংস্কৰণ আৰু প্ৰকাশনসমূহ টাইমছ অৱ ইণ্ডিয়া প্ৰকাশ কৰে বেনেট, কলমেন এণ্ড কোম্পানী লিমিটেড নামৰ সংবাদ মাধ্যমটোৱে। কোম্পানীটোৱে "দ্য টাইমছ গ্ৰুপ" নামেৰে জনাজাত ইয়াৰ আন সহযোগী কোম্পানীসমূহৰ সৈতে লগ লাগি টয়ৰ উপৰি আহমেদাবাদ মিৰ’ৰ, বেংগালুৰু মিৰ’ৰ, মুম্বাই মিৰ’ৰ, পুনে মিৰ’ৰ; ইকনমিক টাইমছ; ইটি পানাচে (সোমবাৰৰ পৰা শুকুৰবাৰলৈ মুম্বাই, দিল্লী আৰু বেংগালুৰুৰ পৰা প্ৰকাশিত) আৰু ইটি পানাচে (প্ৰতি শনিবাৰে পুনে আৰু চেন্নাইৰ পৰা); এই সময় (এখন বাংলা দৈনিক কাকত); মহাৰাষ্ট্ৰ টাইমছ (এখন মাৰাঠী দৈনিক কাকত); নৱভাৰত টাইমছ (এখন হিন্দী দৈনিক কাকত) প্ৰকাশ কৰে। মুম্বাই, আগ্ৰা, আহমেদাবাদ, এলাহাবাদ, ঔৰংগাবাদ, বেৰেইলী, বেংগালুৰু, বেলগাম, ভোপাল, ভুৱনেশ্বৰ, কইম্বাটুৰ, চণ্ডীগড়, চেন্নাই, দেৰাডুন, দিল্লী, গোৰখপুৰ, গুৰগাঁও, গুৱাহাটী, গোৱালিয়ৰ, হুবলী, হায়দৰাবাদ, ইন্দোৰ, জবলপুৰ, জয়পুৰ, জম্মু, কানপুৰ, কোচি, কলহাপুৰ, কলকাতা, লক্ষ্ণৌ, লুধিয়ানা, মাদুৰাই, মালাবাৰ, মাংগালোৰ, মীৰাট, মহীশূৰ, নাগপুৰ, নাছিক, নৱী মুম্বাই, নয়ডা, পানাজি, পাটনা, পণ্ডিচেৰী, পুনে আদি ভাৰতৰ প্ৰধান চহৰসমূহৰ পৰা টাইমছ অৱ ইণ্ডিয়াৰ সংস্কৰণ প্ৰকাশ পায়। টাইমছ গ্ৰুপ নেটৱৰ্ক (স্পিকিং ট্ৰি): আধ্যাত্মিক সাধকসকলক প্ৰতিষ্ঠিত বৃত্তিধাৰী সাধকসকলৰ সৈতে সংযোগ কৰাৰ উদ্দেশ্যে খোলা এটা আধ্যাত্মিক নেটৱৰ্ক। হেল্থমীআপ এটা স্বাস্থ্য, খাদ্য আৰু ফিটনেছ ৱেবছাইট। ক্ৰিকবাজ ২০১৪ চনৰ নৱেম্বৰ মাহত টাইমছ ইণ্টাৰনেটে ক্ৰিকেট খেলৰ বাতৰি সম্প্ৰচাৰ কৰা ৱেবছাইট ক্ৰিকবাজক অধিগ্ৰহণ কৰে। উল্লেখযোগ্য কৰ্মচাৰী শাম লাল, সম্পাদক গিৰিলাল জৈন, সম্পাদক আৰু বিদ্বান লোক সমীৰ জৈন, উপাধ্যক্ষ প্ৰকাশক বিনীত জৈন, এম.ডি. জগ সুৰাইয়া (সহযোগী সম্পাদক, স্তম্ভলেখক, "জুগুলাৰ ভেইন," কাৰ্টুনকাৰ, দুব্যমান স্বামীনাথন আইয়াৰ (স্তম্ভলেখক, "স্বামীন'মিক্স") আৰ কে লক্ষ্মণ (বিখ্যাত কমন মেনক লৈ ইউ ছেইড ইট শীৰ্ষক সম্পাদকীয় কাৰ্টুন) এম জে আকবৰ, স্তম্ভলেখক, "দ্য ছিজ উইথিন" আৰু প্ৰাক্তন সম্পাদকীয় দল চেতন ভগত, স্তম্ভলেখক, চানডে' টাইমছ অৱ ইণ্ডিয়া শশী থাৰুৰ, "শশী অন চানডে" ৰ স্তম্ভলেখক ভি ডি ত্ৰিবাদী, হাস্যৰসিক শিল্পী টুইংকল খান্না, "মিচেছ ফানিব'নছ"ৰ স্তম্ভলেখক। স্বপন দাসগুপ্ত, স্তম্ভলেখক, চানডে' টাইমছ অৱ ইণ্ডিয়া তথ্যসূত্ৰ বাতৰি
4088
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%8C%E0%A7%B0%E0%A6%AD%20%E0%A6%95%E0%A7%81%E0%A6%AE%E0%A6%BE%E0%A7%B0%20%E0%A6%9A%E0%A6%B2%E0%A6%BF%E0%A6%B9%E0%A6%BE
সৌৰভ কুমাৰ চলিহা
সৌৰভ কুমাৰ চলিহা অসমীয়া সাহিত্যৰ ইতিহাসত এটি প্ৰসিদ্ধ ছদ্মনাম। আজীৱন প্ৰচাৰ, গ্লেমাৰ, যশস্যা আৰু খ্যাতিৰ পৰা আঁতৰত থাকি নীৰৱে সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে অসমীয়া সাহিত্যত এক ব্যতিক্ৰমী ধাৰাৰ গদ্যৰীতিৰ সূচনা কৰা চলিহাৰ প্ৰকৃত নাম আছিল সুৰেন্দ্ৰ নাথ মেধি। চৈধ্য বছৰ বয়সতে তেখেতে ‘পাৰিজাত’ নামৰ আলোচনীত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। ৰামধেনুৰ পাতত ‘অশান্ত ইলেক্ট্ৰন’ নামৰ গল্পৰে সম্পূৰ্ণ নতুন আৰু আধুনিক শৈলী প্ৰৱৰ্তন কৰি তেখেতে অসমীয়া সাহিত্যক এক অভিনৱ মাত্ৰা দান কৰে। নগৰ জীৱনৰ দ্ৰুত পৰিৱৰ্তনৰ পটভূমিত বিষয়-বস্তুৰ নিৰ্বাচন, প্ৰকাশভংগীৰ অভিনৱত্ব আৰু যন্ত্ৰ-নিৰ্ভৰ আধুনিক জীৱনৰ মানসিক চিত্ৰণ তেখেতৰ গল্পৰ উপাদান। চুটিগল্পৰ ভাৱ, বিষয়, ৰূপ আৰু আবেদনৰ ফালৰপৰা সৌৰভ কুমাৰ চলিহাৰ সমান্তৰাল গল্প আধুনিক ভাৰতীয় সাহিত্যতে বিৰল। জীৱন-বৃত্ত সুৰেন্দ্ৰ নাথ মেধিৰ জন্ম হয় দৰং জিলাৰ মঙলদৈত। পিতৃ কালিৰাম মেধি আৰু মাতৃ স্বৰ্ণলতা মেধিৰ পুত্ৰ সুৰেন্দ্ৰ নাথ মেধিয়ে স্কুলীয়া জীৱন আৰম্ভ কৰিছিল ১৯৩৯ চনত গুৱাহাটীৰ ছেইণ্ট মেৰিজ কনভেণ্ট স্কুলত। কটন কলেজিয়েট স্কুলৰ পৰা ১৯৪৬ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰা মেধিয়ে ১৯৪৮ চনত আই এছ চি পৰীক্ষাত পঞ্চম স্থান লাভ কৰি উত্তীৰ্ণ হয়। কটন কলেজত পঢ়ি থাকোঁতেই তেওঁ ৰিভ'লুশ্বনাৰী কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ কাম-কাজত জড়িত হোৱাৰ বাবে জে'ললৈ যাবলগীয়া হৈছিল। কিন্তু জে'লৰ পৰাই পৰীক্ষা দি ১৯৫০ চনত পদাৰ্থ বিজ্ঞানত সন্মানসহ তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। ৰাজনৈতিক কাম-কাজত জড়িত হৈ পৰাৰ বাবে ঘৰৰ মানুহে তেওঁক বিলাতলৈ পঠিওৱাৰ সিদ্ধান্ত লয়। ১৯৫২ চনত ইংলেণ্ডৰ লিভাৰপুল অভিমুখে ভাৰতীয় জাহাজেৰে যাত্ৰা আৰম্ভ কৰে। দুবছৰৰ পিছত তেওঁ লণ্ডন ইউনিভাৰ্ছিটিৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ জাৰ্মানীৰ ভিতৰুৱা ঠাই গুটিংগেনৰ এখন স্কুলত শিক্ষকতাৰ পাতনি মেলে। জাৰ্মানীৰ কেইবাখনো শিক্ষানুষ্ঠানত পাঠদানৰ অভিজ্ঞতা লৈ ১৯৬০ চনত মেধি গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন কৰে আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। তাৰ পৰাই তেওঁ ১৯৮৮ চনত স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰে। সাহিত্যকৃতি পঞ্চাছৰ দশকত গল্প লিখিবলৈ আৰম্ভ কৰা সুৰেন্দ্ৰ নাথ মেধি ওৰফে সৌৰভ কুমাৰ চলিহাৰ প্ৰথম গল্পটো হ'ল 'পঞ্জাব সীমান্তৰ সহযাত্ৰী'। ইয়াৰ পিছতে 'কালমাৰ্ক্স-এৰা' নামৰ গল্পটো বাঁহীত প্ৰকাশ পায়। ৰামধেনুৰ চুটি গল্প প্ৰতিযোগিতাত তেওঁৰ 'অশান্ত ইলেকট্ৰন' গল্পটোৱে প্ৰথম স্থান লাভ কৰে। তেখেতে ১৯৭৪ চনত 'গোলাম' নামৰ সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ১৯৯৫ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। মন কৰিবলগীয়া যে জীৱিত কালত তেওঁ কোনোধৰণৰ বঁটা বাহন গ্ৰহণ কৰিবৰ বাবে নিজে যোৱা নাছিল। 'একৈশ শতিকা ধেমালি নহয় আৰু অন্যান্য ৰচনা', 'জন্মদিন আৰু অন্যান্য গল্প', 'দ্ৰোণ আৰু গ্যেটে' তেওঁৰ আন তিনিখন অনন্য ৰচনা। গল্প সংকলন অশান্ত ইলেকট্ৰন (১৯৬২) দুপৰীয়া আৰু অন্যান্য গল্প (১৯৬৩) এহাত ডাবা (১৯৭২) গোলাম (১৯৭৪) সৌৰভ কুমাৰ চলিহাৰ স্বনিৰ্বাচিত সংকলন(১৯৯৪) সৌৰভ কুমাৰ চলিহাৰ স্বৰচিত গল্প (১৯৯৮) কবি(১৯৯৯) ছয় দশকৰ গল্প (২০০১) জন্মদিন আৰু অন্যান্য গল্প (২০০৫) জোনবিৰি (২০০৬) নৱজন্ম (২০০৮) ৰচনা সংকলন গল্প নহয় (১৯৮৮) ভাল খবৰ (১৯৯৮) ৰচনা সমগ্ৰ (১৯৯৯) একৈশ শতিকা ধেমালি নহয় আৰু অন্যন্য ৰচনা (২০০৪) দ্ৰোণ আৰু গ্যেটে আৰু অন্যান্য ৰচনা (২০০৭) নাটক অৱৰুদ্ধ চহৰ (১৯৯৪) মৰুদ্যান(২০০৯) অনূদিত গ্ৰন্থ আজি শুক্ৰবাৰ (১৯৯২) ডক্টৰ জেকিল আৰু মিষ্টাৰ হাইড (১৯৯৯) আশী দিনত পৃথিৱী পৰিভ্ৰমণ (২০০১) সুৰেন্দ্ৰনাথ মেধি নামত লিখা বিজ্ঞান গ্ৰন্থ চিন্তাৰ বেগ কিমান মহাকাশত প্ৰাণৰ সন্ধান প্ৰভাৱিত শিল্প-কৰ্ম লাখটকীয়াত গোলাম (২০০২), সৌৰভ কুমাৰ চলিহাৰ ওপৰত নিৰ্মিত এখন তথ্য-চিত্ৰ। পৰিচালক আলতাফ মজিদ। আলতাফ মজিদেই চলিহাৰ আন এটা লেখনিৰ ভিত্তিত ২০০৫ চনত নিৰ্মাণ কৰে অন্য এখন তথ্য চিত্ৰ 'ভাল খবৰ' চলিহাৰ গল্প 'দুপৰীয়া' আৰু 'সিহঁতেও পাহাৰ বগালে'ৰ ওপৰত ভিত্তি কৰি দুখন অঁনাতাৰ নাটক প্ৰযোজিত হয়। মৃত্যু ২০১১ চনৰ ২৫ জুন তাৰিখে বৃক্ক আৰু হাঁওফাঁওৰ ৰোগত ভুগি গুৱাহাটীৰ ইণ্টাৰনেশ্বনেল হাস্পতালত পুৱা ৫.৪০ বজাত মৃত্যু হয়। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ অসমৰ ব্যক্তি মৃত ব্যক্তি অসমীয়া গল্পকাৰ অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী অসম উপত্যকা সাহিত্য বঁটা
49022
https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A6%BE%E0%A6%AD%E0%A6%B2%E0%A7%80%E0%A6%A8%E0%A6%BE%20%E0%A6%AC%E0%A7%B0%E0%A6%97%E0%A7%8B%E0%A6%B9%E0%A6%BE%E0%A6%81%E0%A6%87
লাভলীনা বৰগোহাঁই
লাভলীনা বৰগোহাঁই বা লাভলীনা বৰগোহাঞি এগৰাকী ভাৰতীয় ৱেল্টাৰৱেইট শ্ৰেণীৰ বক্সাৰ। তেওঁ অসমৰ গোলাঘাট জিলাৰ বৰপথাৰ নগৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ আঁতৰৰ বাৰমুখীয়া গাঁৱত জন্ম হৈছিল। তেওঁৰ পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামণি বৰগোহাঁই। তেওঁ ২০১৬ চনৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে। তেওঁ ২০১৭ চনত ভিয়েটনামৰ হো চি মিন চিটিত অনুষ্ঠিত হোৱা মহিলাৰ এছিয়ান চেম্পিয়নশ্বিপ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক আৰু ২০১৮ চনৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ ৬৯ কিলোগ্ৰাম ৱেলটাৰৱেট শাখাত তৃতীয় স্থান অৰ্জন কৰিছিল। অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা তেওঁ অসমৰ প্ৰথম গৰাকী মহিলা আৰু শিৱ থাপাৰ পিছত দেশক প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ দ্বিতীয় গৰাকী বক্সাৰ হিচাপে পৰিগণিত হৈছে। ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ মহিলাৰ ৱেল্টাৰৱেইট শ্ৰেণীত ব্ৰঞ্জৰ পদক লাভ কৰে। ২০২০ চনত তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটা প্ৰদান কৰে। ২০২১ বৰ্ষত লাভলীনাক ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান 'মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা'ৰ বক্সিঙৰ শিতানৰ বাবে মনোনীত কৰা হয়। প্ৰাৰম্ভিক জীৱন ১৯৯৭ চনৰ ২ অক্টোবৰ তাৰিখে অসমৰ গোলাঘাট জিলাত লাভলীনা বৰগোহাঁইৰ জন্ম হৈছিল। তেওঁৰ পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামণি বৰগোহাঁই। তেওঁৰ পিতৃ এজন মধ্যম বৰ্গৰ ব্যৱসায়ী। তেওঁৰ যমজ বায়েক দুগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং খেলুৱৈ। বক্সিং জীৱন লাভলীনা ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে এদিন দেউতাকে ঘৰলৈ মিঠাই বান্ধি অনা বাতৰি কাকতখনত বক্সাৰ মহম্মদ আলিৰ বিষয়ে প্ৰকাশিত প্ৰবন্ধ এটা আছিল। সেই প্ৰবন্ধটো দেউতাকে লাভলীনাক পঢ়িবলৈ দিয়ে। লাভলীনাই লেখনিটো পঢ়ি মহম্মদ আলিৰ বিষয়ে জানিব পৰাৰ লগতে বক্সিঙৰ প্ৰতি আকৰ্ষিত হ'ল। সেইয়াই আছিল লাভলীনাৰ বক্সিং সম্পৰ্কে প্ৰথম ধাৰণা। দেউতাকেও বক্সাৰ হ’বলৈ উৎসাহ দিয়ে। বায়েক দুগৰাকীৰ দৰে লাভলীনায়েও প্ৰথমতে কিক বক্সাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। সৰুতে মুৱাথাই খেলিবলৈ লোৱা লাভলীনাই এগৰাকী সম্পৰ্কীয় বায়েকৰ প্ৰেৰণাত বক্সিং গ্লোভচ হাতত তুলি লৈছিল। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে বৰপথাৰ ছোৱালী হাইস্কুলত অনুষ্ঠিত কৰা অনুশীলনীত তেওঁ প্ৰশিক্ষক পদুম বড়োৰ চকুত পৰে আৰু ২০১২ চনৰ পৰা তেওঁ লাভলীনাক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে। পিছলৈ ভাৰতীয় মহিলা বক্সিঙৰ মুখ্য প্ৰশিক্ষক শিৱ সিঙে তেওঁক প্ৰশিক্ষণ দিয়ে। ২০১৮ চনৰ মহিলা বক্সিং বিশ্ব লাভলীনাই প্ৰথম বাৰৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰে নতুন দিল্লীত অনুষ্ঠিত হোৱ ২০১৮ চনৰ মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপত। ইয়াত তেও মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। ২০১৯ চনৰ মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপ ২০১৯ চনত লাভলীনা ২য় বাৰৰ বাবে ৰাছিয়াত অনুষ্ঠিত মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপৰ বাবে পোনপটীয়াকৈ নিৰ্বাচিত হয়। তেও ৬৯ কিলোগ্ৰাম শাখাৰ চেমি ফাইনেলত চীনৰ য়াং লিউৰ হাতত ২-৩ ব্যৱধানত পৰাস্ত হয়। ২০১৯ চনত লাভলীনা ইনফিনিটি অপ্তিমেল চলিউচনচ নামৰ ক্ৰীড়া ব্যৱস্থাপনা সংস্থা এটাৰ সৈতে তেওৰ ব্যৱসায়িক লেনদেন বিলাক চোৱাচিতা কৰিবৰ বাবে চুক্তিৱদ্ধ হয়। ২০২০ চনৰ এচিয়া আৰু অচেনিয়া অলিম্পিক নিৰ্বাচন প্ৰতিযোগিতা ২০২০ চনৰ মাৰ্চ মাহত লাভলীনাই উজবেকিস্তানৰ মফতুনাখন মেলিভাক ৫-০ ব্যৱধানত পৰাস্ত কৰি টকিঅ অলিম্পিকত অংশগ্ৰহণ কৰিবৰ বাবে যোগ্যতা অৰ্জন কৰে। লগতে তেও অলিম্পিকৰ বাবে নিৰ্বাচিত হোৱা অসমৰ প্ৰথম মহিলা খেলুৱৈ ৰূপে পৰিগণিত হয়। এই খেলত তেও চীনৰ গু হ্ঙৰ হাতত ৫-০ ত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰে। টকিঅ' অলিম্পিক ২০২০ ২০২১ চনত জাপানত অনুষ্ঠিত টকিঅ' অলিম্পিক ২০২০ (২০২০ গ্ৰীষ্মকালীন অলিম্পিক) ত লাভলীনাই অংশগ্ৰহণ কৰি অলিম্পিকলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা খেলুৱৈ হিচাপে ইতিহাস ৰচে। ২০২০ চনৰ মাৰ্চ মাহতেই জৰ্ডানত অনুষ্ঠিত হোৱা এছিয়া এণ্ড ওছেনিয়া বক্সিং অলিম্পিক কোৱালফিকেচন টুৰ্ণামেণ্টখনত লাভলীনাই কোৱাৰ্টাৰ ফাইনেলত উজবেকিস্তানৰ মাফটুনাখন মেলেইভাক ৫-০ ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক দখল কৰাৰ লগে লগেই লাভলীনাৰ টকিঅ’ যাত্ৰা নিশ্চিত হৈ পৰিছিল। টকিঅ’ অলিম্পিকত বক্সিংৰ ৬৯ কেজি শাখাত লাভলীনাই দেশক প্ৰতিনিধিত্ব কৰে। এই শাখাত লাভলীনাৰ স্থান বিশ্ব ক্ৰমত ৩। প্ৰি কোৱাৰ্টাৰ ফাইনেল ২৭ জুলাইত অনুষ্ঠিত অলিম্পিকৰ প্ৰি-কোৱাৰ্টাৰত লাভলীনাই জাৰ্মানীৰ প্ৰতিপক্ষ নাডীয়া এপেজক ৩-২ ব্যৱধানত পৰাস্ত কৰে। প্ৰথমৰে পৰা নাডীয়াক লাভলীনাৰ তুলনাত আক্ৰমণাত্মক দেখা গৈছিল। লাভলীনাক প্ৰত্যাহ্বান জনাই তেওঁ প্ৰথমটো ছেট নিজৰ পক্ষত ৰাখিবলৈ সক্ষম হয়। পিছৰ তিনিটা ছেট লাভলীনাই দখল কৰে যদিও শেষৰটো ছেটত পুনৰ নাডীয়াই প্ৰত্যাৱৰ্তন কৰে। অৱশ্যে লাভলীনাই চূড়ান্ত সময়ত বিজয়ী হয়। ইয়াৰ লগে লগে অলিম্পিকত বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা তেওঁ অসমৰ প্ৰথমগৰাকী বক্সাৰ হিচাপে পৰিগণিত হয়। ৩০ জুলাইত পুৱা ৮:৪৮ বজাত কোৱাৰ্টাৰ ফাইনেল মেচ চাইনীজ টাইপেইৰ চেন নিয়েন চিনৰ সৈতে অনুষ্ঠিত হয়। কোৱাৰ্টাৰ ফাইনেল ৩০ জুলাইত কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই চাইনীজ টাইপেইৰ চেন নিয়েন চিনক ৪-১ ব্যৱধানত পৰাজিত কৰি জয় লাভ কৰে। ইয়াৰ জৰিয়তে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে লাভলীনাই ব্ৰঞ্জৰ পদক নিশ্চিত কৰে। লাভলীনা অলিম্পিকৰ পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। ছেমিফাইনেলৰ বাবে লাভলীনাৰ প্ৰতিদ্বন্দ্বী হয় তুৰস্কৰ খেলুৱৈ। ছেমিফাইনেল ৪ আগষ্টত অনুষ্ঠিত ছেমিফাইনেলত তুৰস্কৰ বুজেনাছ চাৰ্মেলেনীৰ হাতত লাভলীনা বৰগোহাঁই ৫-০ ব্যৱধানত পৰাস্ত হয়। ইয়াৰ ফলত লাভলীনাই ব্ৰঞ্জৰ পদক লাভ কৰিবৰ সক্ষম হয়। তেওঁ হৈছে অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি। বঁটা আৰু সন্মান অসামৰিক বঁটা অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা অসম সৌৰভ, ২০২১ ৰাষ্ট্ৰীয় বঁটা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বক্সিঙৰ ক্ষেত্ৰত তেওঁৰ অসাধাৰণ প্ৰদৰ্শনৰ বাবে প্ৰদান কৰা অৰ্জুন বঁটা। ২০২১ চনত খেল ৰত্ন বঁটা, ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান। পুৰস্কাৰ ২০২০ চনৰ টকিঅ’ গ্ৰীষ্মকালীন অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ পৰা ২৫ লাখ (৩৩,০০০ মাৰ্কিন ডলাৰ) লাভ কৰিছিল। অসম চৰকাৰৰ পৰা ১ কোটি ₹(১ লাখ ৩০ হাজাৰ মাৰ্কিন ডলাৰ) লাভ কৰিছিল। ভাৰত চৰকাৰৰ পৰা ₹৩০ লাখ (৩৯,০০০ মাৰ্কিন ডলাৰ) লাভ কৰিছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা ৩ লাখ ₹(৩,৯০০ মাৰ্কিন ডলাৰ) তথ্য সংগ্ৰহ বাহ্যিক সংযোগ লাভলীনা বৰগোঁহাইৰ প্ৰফাইল পৃষ্ঠা:২৩৮ অসমৰ ব্যক্তি জীৱিত ব্যক্তি ভাৰতৰ বক্সাৰ অসমীয়া ক্ৰীড়াবিদ অলিম্পিকত পদক বিজয়ী ভাৰতীয় অৰ্জুন বঁটা বিজয়ী মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ী অসম সৌৰভ বঁটা
23147
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BF%E0%A6%9A%E0%A6%BF%E0%A6%82%20%E0%A6%9C%E0%A6%A8%E0%A6%97%E0%A7%8B%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A7%80
মিচিং জনগোষ্ঠী
মিচিং জনগোষ্ঠী হৈছে বড়ো-কছাৰী সকলৰ পিছতেই অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত দ্বিতীয় বৃহত্তম জনজাতি। মিচিংসকল মূলতে চীনা তিব্বতীয় জনগোষ্ঠী ৰ মান-তিব্বতীয় শাখাৰ অন্তৰ্গত। ভৈয়ামত থকা মিচিংসকল সাধাৰণতে নৈৰ পাৰত চাংঘৰ সাজি গাঁও পাতি বাস কৰে। মিচিংসকল আদিতে অসমৰ উত্তৰ-পূবফালৰ পাহাৰত আছিল আৰু বৰ্তমান অৰুণাচলৰ চিয়াং জিলাত থকা "মিয়ং" আৰু "দাম্ ৰ" নামৰ দুই জাতিৰ পৰাই ফাটি আহিছে। অসমৰ ধেমাজি, তিনিচুকীয়া, লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, গোলাঘাট, যোৰহাট, মাজুলী, দৰং, শোণিতপুৰ জিলাত মিচিংসকলে প্ৰধানকৈ বাস কৰিছে। সাধাৰণতে নৈৰ পাৰত চাংঘৰত বাস কৰা বাবে মিচিংসকলৰ জীৱন-ধাৰণৰ পদ্ধতি নৈৰ ওপৰত ওতপ্ৰোতভাৱে জড়িত। মিচিং ভাষা অসমৰ জনজাতীয় ভাষাসমূহ বৃহৎ চীন-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত। এই ভাষা পৰিয়ালটো দুটা ভাগত বিভক্ত— তিব্বত-বৰ্মী আৰু থাইচীন শাখা। মিচিং ভাষা তিব্বত-বৰ্মীৰ অন্তৰ্গত উত্তৰ অসম শাখাৰ অন্তৰ্গত এটি ভাষা। মিচিংসকলৰ বিষয়ে খুব বেছি পুৰণি ঐতিহাসিক তথ্য পাবলৈ নাই। তেওঁলোকৰ মৌখিক সাহিত্য, কিম্বদন্তি আৰু সিঁচৰতি হৈ থকা দুই-এটা লিখিত তথ্যৰপৰা কিছু আভাস পাব পাৰি। সেইমতে, পূৰ্বতে অসমৰ উত্তৰে থকা পাহাৰসমূহত তেওঁলোকৰ বাসস্থান আছিল। পিছত বিভিন্ন কাৰণত তেওঁলোক ভৈয়ামলৈ নামি আহে। বৰ্তমান অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ জিলাৰ লগতে শদিয়া আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, নগাঁও আৰু গুৱাহাটীত মিচিংভাষীৰ বসতি আছে। মিচিং ভাষাত উচ্চাৰিত ধ্বনিসমূহক স্বৰধ্বনি আৰু ব্যঞ্জন ধ্বনি— এই দুটা ভাগত ভাগ কৰা হৈছে। ভাষাটোত মুঠতে সাতটা স্বৰধ্বনি উচ্চাৰিত হয়। প্ৰতিটো স্বৰধ্বনিৰে হ্ৰস্ব আৰু দীৰ্ঘ— দুটা ৰূপ পোৱা যায়। হ্ৰস্ব আৰু দীৰ্ঘ দুয়োটা ৰূপ ধৰিলে স্বৰধ্বনিৰ সংখ্যা হ’ব চৈধ্যটা। উৎসৱ আলি আঃয়ে লৃগাং আলি আঃয়ে লৃগাং মিচিংসকলৰৰ এক বসন্ত উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। প্ৰথম অৱস্থাত ফাগুন, চ'ত বা ব'হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৫ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰত ইয়াক পালন কৰি আহিছে। মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আ'য়ে" মানে ফল আৰু "লিগাং" মানে উৎসৱ বুজায়। সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজভাত খাই নানান নৃত্য-গীত কৰে। উৎসৱৰ তিনিসপ্তাহৰ আগতেই ঘৰৰ গৃহিণীহঁতে পঃৰ আপং (ছাইমদ) আৰু নগিন আপং (বগা মদ) আৰু লৃগাংত ব্যৱহাৰ হোৱা পুৰাং আপিন (তৰাপাতেৰে চাউলৰ টোপোলা বান্ধি প্ৰস্তুত কৰা বিশেষ ভাত) প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগাৰ কৰে। লৃগাং উৎসৱত পিন্ধিব পৰাকৈ ছোৱালীবোৰে মোহনীয় প্ৰকৃতিৰ চিত্ৰ ৰে কিছুমান মচাং, এগে, ৰিঃ বি গাচেম, গেৰঃ দুমৰি বা মনৰ আপোনজনক মৰমৰ উপহাৰ দিবৰ বাবে ৰংচঙীয়া মিবু গালুক আদি সাজি উলিয়াবলৈ চেষ্টা কৰে। গৃহিণীহঁতে দোকমোকালিতে উঠি ঘৰৰ চোতাল, চাংতল আদি সাৰি-মচি পৰিষ্কাৰ কৰে। গাঁৱৰ নদী-বিল, পুখুৰীত সকলোৱে মিলি মাছ ধৰে। উৎসৱৰ দিনা পুৱাতে গাঁৱৰ জীয়াৰী-বোৱাৰীহঁতে তিয়াই ৰখা বৰা চাউল তৰাপাতেৰে টোপোলা বান্ধি পুৰাং আপিন সিজায়। ইয়াৰ পিছত গাঁৱৰ প্ৰতিঘৰৰ মুখিয়ালজনৰ নেতৃত্বত ঘৰৰ কেইজনমানে পথাৰত আহুধানৰ গুটি সিঁচা কাৰ্য শুভাৰম্ভ কৰে। সেই মাটিডৰাত চাৰি চুকত চাৰিডাল পীঃৰ (মেডেলা) গছৰ আগলি কাটি আনি গুজে। পীঃৰৰ আলিত থকা পাতবোৰ একেলগে মেৰিয়াই বগা সূতাৰে বান্ধি ৰাখে আৰু পূৱেদি গুজি পীঃৰ গছৰ আগলি ডালৰ গুৰিতে সঁচ লৈ পঃৰ আপং আৰু নগিন আপং ঢালি প্ৰাৰ্থনা কৰে। এই অনুষ্ঠান গাঁৱৰ প্ৰতিঘৰতে কৰা হয়। পথাৰৰ পৰা আহি ভোজ-ভাত খাই সন্ধিয়া পাকছ-মনাম নৃত্য কৰে। এই নৃত্যত সকলোৱে অংশগ্ৰহণ কৰে। পঃৰাগ পঃৰাগ মিচিং জনগোষ্ঠীৰ আন এক উৎসৱ। সাধাৰণতে খেতি চপোৱাৰ পিচত এই উৎসৱ পতা হয়। সৃষ্টিকৰ্তা, মাতৃ পৃথিৱী তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ উদ্দেশ্য এই উৎসৱ পালন কৰা হয়। এই উৎসৱ গাওঁ ডেকা-গাভৰুসকলৰ নেতৃত্বত অনুষ্ঠিত হয় কাৰণে ৰং-আনন্দৰ মাজেদি পতা হয়। আলি আঃয়ে লৃগাংৰ দৰে এই উৎসৱতো প্ৰচুৰ গীত-মাত, নৃত্য-গীতৰ আয়োজন হয়। পৰাগ উৎসৱ তিনিদিন ধৰি পালন কৰা হয়। প্ৰথম দিনাৰ সকলো আয়োজন শেষ কৰাৰ পিচত ৰাতিলৈ 'মিবু'ৰ আদৰণিৰে মিবু-দাগনাম অনুষ্ঠান পতা হয়। এই অনুষ্ঠানত মিবুৰে সৈতে সকলো দেকা-গাভৰু শাৰী-শাৰীকৈ নৃত্য কৰে। এই নৃত্যত আঃবাঃ গীত গোৱা হয়। এনে মাঃগলিক অনুষ্ঠানবোৰত মিবুৰ সৈতে গাঁৱৰ বয়োবৃদ্ধসকলে বধ কৰা গাহৰিৰ আগমঙহত আচিন-তাগিৰ বা মংগল চায়। দ্বিতীয়দিনা নিমন্ত্ৰিত অতিথি'মিনম'সকলক আদৰ শুশ্ৰ্দ কৰা হয়। পৰাগ উৎসৱত চুবুৰীয়া গাঁৱৰ উপৰি দূৰ-দূৰণিৰ গাঁৱকো নিমন্ত্ৰণ কৰা হয়। পৰাগ উৎসৱত গাঁৱৰ মুৰংঘৰ অনুষ্ঠিত কৰা হয়। মুৰংঘৰ গাঁৱৰ সোঁমাজত নাইবা যিকোনো এমুৰত মুকলি ঠাইত পূবা-পশ্চিমাকৈ বনোৱা হয়। ইয়াক বাঁহ, কাঠ, আৰু খেৰেৰে নিৰ্মাণ কৰা হয়। মুৰংঘৰত বেৰ নাথাকে; ই এটা মুকুলি চাংঘৰ। ইয়াৰ দুয়োমূৰে চাঙত উঠা-নমা কৰিবলৈ জখলা লগাোৱা থাকে। পঃৰাগৰ কেউনিশা গাঁৱৰ ডেকা-গাভৰু আৰু মিনমসকলে এক লগে মুৰংঘৰত শোৱে। এয়া মিচিংসকলৰ পৰম্পৰাগত ৰীতি। পঃৰাগ উৎসৱৰ অন্যতম অনুষ্ঠান হ'ল-পঃবৰ্-কাতনাম্ আৰু এঃগ-মাননাম। পঃবৰ বাঁহ-বেতেৰে সজোৱা চুপি আকৃতিৰ এক সাজ, ইয়াক আপঙ্ চাকিবলৈ ব্যৱহাৰ কৰা হয়। এঃগ-মাননাম বা গাহৰি বধ কৰা অনুষ্ঠান। এইদৰে তিনতত দিন, তিনদিন নিশা ৰং-আনন্দ, ভোজভাত আৰু পূজা-অৰ্চনাৰ পাচত পঃৰাগ উৎসৱৰ সামৰণি মৰা হয়। বিবাহ পদ্ধতি মিচিংসকলৰ বিবাহ কাৰ্য দুটা পদ্ধতিৰে সম্পাদিত কৰা হয়। এই পদ্ধতিক মিদাং (সাধাৰণ নিয়মেৰে বিয়া) আৰু আনটো পদ্ধতিক দুগলা লাঃনাম (পলুৱাই নিয়া) দুয়োটা পদ্ধতিয়েই মিচিং সমাজত সামাজিকভাৱে স্বীকৃতি দিয়া হয়। মিচিং সমাজত গুঃমৃনভেদে উপাধি পৃথক পৃথক হব। একে গুঃমৃন অৰ্থাৎ একে উপাধি বা গোত্ৰৰ ডেকা-গাভৰু মাজত বিবাহ নিষিদ্ধ। মিদাং মিদাং বা সাধাৰণ নিয়মৰ বিয়াৰ বাবে সাধাৰণতে দৰাঘৰীয়াই ছোৱালী খোজা-বঢ়া আৰু চোৱা-মেলা কৰা হয়। বিশেষকৈ আঘোণ, মাঘ, ফাগুণ আৰু বহাগ মাহত মিচিংসকলে বিবাহ পতাৰ বাবে দিন বাছি লয়। ছোৱালী পছন্দ হ'লে ল'ৰাৰ মাক-দেউতাকে ছোৱালীৰ ঘৰত খবৰ দিয়ে। সেইমতে ছোৱালীৰ মা-দেউতাক বা অভিভাৱকে ল'ৰা ঘৰৰ লোকসকলৰ থকা-মেলা আৰু খোৱা-বোৱাৰ বাবে সকলো যোগাৰ কৰি থয়। নিৰ্দ্দিষ্ট দিনত ল'ৰাৰ পক্ষৰ মানুহ আহিলে ছোৱালী পক্ষৰই সম্বন্ধীয় লোক আৰু গাঁৱৰ মুখিয়ালসকলক লৈ বিয়াৰ বিষয়ে মতামত দিয়ে। ইয়াক 'য়ামনী তাদনাম' বুলি কোৱা হয়। সকলোৰে ঐক্যমত থাকিলেহে ছোৱালী বিয়া দিয়াৰ নিয়ম। দুয়োপক্ষৰ আলোচনা-বিলোচনাৰ অন্তত বিয়াৰ বন্দোবস্ত হ'লে ল'ৰাই ছোৱালীৰ ঘৰত মাজে মাজে এসপ্তাহ- দহদিনৰ কাৰণে কটাই যৎকিঞ্চিৎ কাম-বন কৰি দিব লাগে। ইয়াক মাগব-দুগনাম বোলে। মূল বিয়াৰ সময়ত দৰাক নতুন সাজ-পোছাকেৰে সজাই-পৰাই কন্যাৰ ঘৰলৈ লৈ যোৱা হয়। দৰাৰ লগত দুজন সমবয়সীয়া ডেকা আৰু দুজনী গাভৰু য়ামগুৰ হিচাপে সজাই সোঁমাজত দৰাক বহিবলৈ দিয়া হয়। দৰাৰ দুয়োফালে দুটা পাছিত শুকান মাছ ভৰাই দুজনে পাছিটো কঢ়িয়াই নিয়ে। দৰাপক্ষই সেইদিনা কন্যাঘৰৰ বাবে পূৰ্বে বন্দোবস্ত কৰামতে নিৰ্দিষ্টসংখ্যাক দঁতাল গাহৰি, পঃৰ-আপঙৰ টোপোলা আৰু তামোল-পাণ লগত নিয়ে। দৰা আহি পোৱা লগে লগে কন্যাপক্ষৰ বয়সীয়া মহিলাসকলে দৰাক আদৰি নিয়ে। কন্যা ঘৰৰ চোতালত চালি এটা সাজি সেইনিশা দৰাক তাতে থাকিবলৈ দিয়া হয়। পিছদিনা পুৱাৰ পৰা আচল বিয়া আৰম্ভ হয়। এক নিদ্দিষ্ট সময়ত দৰাক কন্যাঘৰৰ চাঙৰ ওপৰলৈ তুলি নিয়া হয় আৰু তাতে দৰা-কন্যা দুয়োকে একেলগে 'পিনপু-আপিন' ভাত খাবলৈ দিয়া হয়। সমজুৱাসকলক মাংস আৰু আপঙৰ সৈতে ভোজভাত খুওৱা হয়। সমবেত সকলোৰে খোৱা-বোৱা শেষ হ'লে দৰা-কইনাই পুৰোহিত, কন্যাৰ মাক-দেউতাক আৰু সমজুৱাক সেৱা জনায়। তেওঁলোকে দৰা-কন্যাক আশীবাৰ্দ জনায়। আশীবাৰ্দ লোৱা পৰ্ব শেষ হোৱাৰ পাছত দৰাই কন্যাক নিজ ঘৰলৈ লৈ যায়। মিচিংসকলৰ বিয়াত দৰা-কইনাৰ ঘৰত নতুন জখলা কঃবাং, পীৰা কুংকেঃ, জখলাত বন্ধা পাতেৰে সৈতে পিঃৰ গছ, দুৱাৰ মুখত দুয়োফালে দুকলহ পানী, চাউল আৰু ধানৰ পাচি আদি ৰখাটো এক অনিবাৰ্য প্ৰথা। নতুন জখলা আৰু পিৰা এবিধ বিশেষ কাঠেৰে বনোৱা হয়। দুগলা-লাঃনাম মিচিং সমাজত দুগলা-লাঃনাম অৰ্থাৎ ছোৱালী পলুৱাই নিয়া প্ৰথাৰেও বিয়া পতা হয়। প্ৰণয়-পাশত আবদ্ধ ডেকা-গাভৰুৰ্ কোনো পক্ষৰ পিতৃ-মাতৃৰ বিবাহত অমত থাকিলে কিম্বা আৰ্থিক সচ্ছলতা নাথাকিলে এই প্ৰথাৰে বিবাহ সম্পন্ন হয়। পলুৱাই অনাৰ এদিন বা দুদিনৰ পাছতেই ছোৱালীৰ ঘৰত জাননী দিবলৈ দুগতাদ দূত এজনক পঠিওৱা হয়। দুগতাদজন ল'ৰাৰ সম্পৰ্কীয় বা গাঁৱৰ কোনো জ্যেষ্ঠ ব্যক্তি হ'ব লাগে। দুগতাদৰ জাননীৰ পিচত ছোৱালীক ঘৰত তোলা হয়। ন-ছোৱালীক ঘৰত তুলিবৰ সময়তো সাধাৰণ মিদাং-বিয়াৰ দৰে নতুন জখলা দুৱাৰমুখত দুকলহ পানী, দুপাচি ধান বা চাউল আদিৰ ব্ন্ধাপাত ফালি কলহৰ পানী স্পৰ্শ কৰে। পাচিৰ ধান বা চাউল স্পৰ্শ কৰে আৰু মাক-দেউতাকৰ ভৰি চুই কুমনাম সেৱা কৰে। ন-বোৱাৰী অনাৰ দিনা সাধাৰণতে ৰাতি 'য়ামনী-তানচাং' পৰ্ব অনুষ্ঠিত হয়। ইয়াত ন-বোৱাৰীৰ চকা পঃৰ-আপঙেৰে অভ্যাগতসকলক আপ্যায়ন কৰা হয়। ছোৱালী অনাৰ এমাহ বা দুমাহ পিচত ল'ৰাপক্ষৰ মানুহে ছোৱালীপক্ষৰ ঘৰলৈ অৰায়্-আলৃগ দিবলৈ যায়। অৰায়-আলৃগৰ অৰ্থ কন্যামূল্য বা গা-ধন। 'অৰায়-আলৃগ' কাৰ্য সাধাৰণতে ৰাতি কৰা হয়। লোক নৃত্য মিচিং ভাষাত চঃমান বুলি ক'লে নৃত্য লগতে আনুষংগিক গীত আৰু বাদ্যকো বুজায়। মাকচঃ-চঃনামবুলি ক'লে নৃত্যৰ বুজায়। পৰম্পৰাগতভাৱে চলি অহা মিচিং লোক-নৃত্যক ঘাইকৈ চাৰি ভাগত বিভক্ত কৰিব পাৰি- ধৰ্মমূলক নৃত্য। কৃষি-উৎসৱমূলক নৃত্য। সাধাৰণ চঃমান নৃত্য। ধেমেলীয়া চঃমান নৃত্য। ধৰ্মমূলক নৃত্য মিচিংসকলৰ পূজা-পাৰ্বণৰ পুৰোহিত হ'ল মিবু। পূজাৰ সময়ত মিবুৱে আঃবাং মন্ত্ৰ উচ্চাৰণ কৰি নৃত্য কৰে আৰু গাঁৱৰ ডেকা-গাভৰুৱে তেওঁৰ লগে লগে বৃত্তাকাৰ কৰি গীত আৰু নৃত্য কৰি তেওঁক অনুসৰণ কৰে। মিবুৰ হাতত য়কচা নামৰ এবিধ তৰোৱালজাতীয় বিশেষ অস্ত্ৰ থাকে। নৃত্য কৰোঁতে সেই য়কচাৰ জোকাৰণিৰ শব্দই বাদ্যৰ কাম কৰে। ইয়াক 'মিবু-দাগনাম' নৃত্য বোলে। পঃৰাগ উৎসৱত, কধঃচাগ পূজাত আৰু আনুষ্ঠানিকভাৱে মংগল চোৱা আদি বিশেষ উদ্দেশ্য আৰু কাৰণতহে 'মিবু-দাগনাম' অনুষ্ঠিত হয়। কৃষি-উৎসৱ নৃত্য গুমৰাগ নৃত্য মিচিংসকলৰ প্ৰধান কৃষিনৃত্য। আলি আই লৃগাং উৎসৱত নচা নৃত্যক গুমৰাগ্-পাকচং বা গুমৰাগ চঃমান বুলি কোৱা হয়। বীজ ৰোৱা বা সিঁচাৰ পাছত ভৰি দুখনেৰে মোহাৰি দিওঁতে যি ৰূপত ভৰিৰ সঞ্চালন হয় তাৰেই নৃত্যৰূপ হৈছে গুমৰাগ নৃত্যৰ মুখ্য মুদ্ৰা। এই মুদ্ৰাক মিচিং ভাষাত দাকেঃ-কেঃনাক বুলি কোৱা হয়। শস্যৰ বীজবোৰ গজালি মেলি লহপহকৈ বাঢ়ি বতাহত হালিজালি থকাৰ ৰূপত দুয়োখন হাত ওপৰলৈ তুলি এবাৰ সোঁফালে আৰু এবাৰ বাওঁফালে কৰি নৃত্য কৰে। গুমৰাগ নৃত্যত ঢোল-তালৰ উপৰিও লীনং আৰু মাৰাবাং নামৰ পুৰণিকলীয়া বাদ্য ব্যৱহাৰ কৰে। সাধাৰণ চঃমান নৃত্য আলিয়াই লৃগাং, পৰাগ, বিহু আদিৰ উপৰি সাধাৰণভাৱেও মিচিং সমাজত চঃমান বা নৃত্য-গীত অনুষ্ঠিত হয়। বছৰৰ যিকোনো সময়ত গাঁৱৰ ৰাইজৰ কীবাং আহবান কৰিলে, বিয়া-বাৰু, উৰম-দদগাং আদি সকাম অনুষ্ঠিত হ'লে সেইবোৰৰ উপলক্ষেও চঃমান পতা হয়। মিচিংসকলে তিনিওটা বিহু নিজাববীয়াকৈ পালন কৰে। ৰৈলাঃ-নৃত্য বহাগ বিহুত কৰা হয়। ধেমেলীয়া নৃত্য সকাম, পূজা-পাৰ্বণ শেষ কৰাৰ পিচত বুঢ়া-বুঢ়ীসকলে কেতিয়াবা চঃমান পাতে। ইয়াত যিকোনো ধৰণৰ নৃত্য কৰিব পাৰে। সাধাৰণতে ফুচৰি, ছদ্মবেশী নৃত্য আদি কৰা হয়। ইয়াত কোনো ধৰণৰ বাদ্য যন্ত্ৰ ব্যৱহাৰ কৰা নহয়। মৃতকৰ সৎকাৰ মিচিংসকলে মানুহক ঘৰৰ ভিতৰতেই মৰিবলৈ দিয়ে। মৰিবৰ সময়ত পাত এখিলা চুপি আকৃতি কৰি মৰিবলৈ ওলোৱা লোকৰ মুখত পানী নাইবা আপঙ্ দিয়া হয়। মৃত লোকজনক গা-ধুৱাই মূৰত তেল সানি চুলি ফণিয়াই দিয়া হয়। লগতে গা-ধুৱাই নতুন কাপোৰ-কানি পিন্ধাই দিয়া হয়। মৃতকক কাপোৰ ওলোটাকৈ পিন্ধোৱা হয়। মৃতক পুৰুষ হ'লে মূৰত পাগুৰী পিন্ধাই দিয়া হয়। ইয়াৰ পিছত মৃতকক চাংঘৰৰ ককতক (নামনিত) ঘৰৰ দীঘলে উত্তৰ বা পশ্চিম দিশে মূৰ শিতান দি ৰখা হয়। আত্মীয়সকলে বিশেষকৈ তিৰোতাসকলে এক বিশেষ সুৰত কান্দোন জোৰে। মিচিংসকলৰ মৃতদেহ পোতে, দাহ নকৰে। সমাধি দিবলৈ মাটিত পূবা-পশ্চিমাকৈ দীঘল আৰু দ গাঁত খন্দা হয়। কাঠৰ নাও বা তক্তাৰে বাকচ এটা সাজি তাৰ ভিতৰত মৃতদেহ ভৰোৱা হয়; ইয়াক ৰুংকুক বোলা হয়। ৰুংকুক থবলৈ গাঁতটোত পথালিকৈ পাঁচ টুকুৰা বাঁহ পাতি লোৱা হয়। গাঁতটোৰ চাৰিওফালে মৃতদেহ লৈ পাঁচবাৰ প্ৰদক্ষিণ কৰাৰ পিচত ৰুংকুকটোত মৃতদেহ পশ্চিমফালে মূৰৰ শিতান কৰি ভৰোৱা হয়। ৰুংকুকটো ঢাকনিৰে মজবুতকৈ ঢাকি দি তাৰ ওপৰত এফালে হেলনীয়াকৈ শাৰী শাৰী বাঁহৰ টুকুৰা জাপি দিয়া হয়। বাঁহৰ টুকুৰাবোৰক গলং বুলি কোৱা হয়। মিচিংসকলৰ বিশ্বাসমতে গলং দিয়াটোৱেই মৃতকৰ প্ৰতি কৰা শেষ শ্ৰদ্ধা তৰ্পণ। ডাঙৰ পুতেকে গলং দিবৰ বাবে বিশেষভাৱে ঘৰৰ চাঙৰ পৰা এডাল বীনীৰ বাঁহ উলিয়াই অনা হয় আৰু তাক কেইবাটুকুৰা কৰি গলং হিচাপে দিয়া হয়। ঠিক সেইদৰে মাটি দিয়াৰ ক্ষেত্ৰতো প্ৰথম মাটি চপৰা ডাঙৰ পুতেকে বাওঁহাতেৰে দিয়াৰ নিয়ম। সমাধিত মাটি যথেষ্ট পৰিমাণে দিয়া হয় যাতে সমতলতকৈ ই দুই-তিনি ফুটমান ওখ হৈ থাকে। সমাধিৰ ওপৰত বগা কাপোৰৰ ঢাকনি এখন দীঘলে দীঘলে তৰি দিয়া হয়। মিচিং ভাষাত সমাধিক আগ বুলি কোৱা হয়। গাঁৱৰ বয়সস্থ, বৃদ্ধ আৰু প্ৰতিপত্তিশালী ব্যক্তিৰ মৃত্যু হ'লে মৃতকৰ ঘৰৰ মুধচত উঠি লীঃনং-বাৰবাং বজোৱা হয়। এইবিধ বাদ্যৰ মাত শুনিলেই কোনো বিশিষ্ট ব্যক্তিৰ মৃত্যু হোৱা বুলি গম পায় আৰু সকলো গোট খাই মৃতকৰ সৎকাৰ কৰে। অকালতে মৰা ডেকা-গাভৰু আৰু প্ৰসূতি নাৰীৰ মৃত্যু মিচিং সমাজৰ বাবে এক কৰুণ আৰু অস্বাভাৱিক ঘটনা। প্ৰসূতি নাৰীৰ মৃত্যু হোৱাটোক মিচিংসকলে য়ৃপ-তালীং বোলে। এনে মৃতদেহ উঠি অহা ল'ৰা-ছোৱালীক দৰ্শন কৰিবলৈ দিয়া নহয়। আনকি মৃত নাৰীয়ে বৈ থৈ যোৱা কাপোৰ-কানিও উঠি অহা ছোৱালীক পৰিধান কৰিবলৈ দিয়া নহয়। কেৱল গাঁৱৰ আদহীয়া, বুঢ়া-বুঢ়ীসকলহে এনে মৃতদেহৰ সৎকাৰ কৰে। তিনিদিনৰ মূৰত গাঁৱৰ বয়োবৃদ্ধ লোকসকলে শুদ্ধি কাৰ্য সম্পন্ন কৰে। প্ৰায় এমাহৰ পিচতহে বিশেষ শুদ্ধি কাৰ্য কৰা হয়। ইয়াক উচীঃ বা উৰম্-আপিন বুলি কোৱা হয়। ইয়াত গাহৰি আৰু কুকুৰা মাৰি ইষ্ট-কুটুম্বক ভোজ-ভাত খুওৱা হয়। বছৰ চেৰেকৰ পিছত শ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। ইয়াক দদগাং বোলে। সামৰ্থ্য অনুসৰি মিচিংসকলে দদগাং বিৰাট আয়োজন আৰু ধূমধামেৰে সম্পন্ন কৰে। দদগাংৰ দিনা সমজুৱাক খোৱাৰ বাবে ভোজ-ভাতৰ আয়োজন কৰা হয়। এভাগত ভাত, মাংস আৰু আপং মৃতকৰ বাবে আগ' বা সমাধিত দি থৈ অহাৰ নিয়ম। এই কাৰ্য্যত ঘৰৰ লোকসকলৰ সৈতে সম্বন্ধীয় যাব লাগে। মৃতকৰ বাবে উৰ্চগা কৰা বস্তুবোৰ দি সকলোৱে দুখ কৰে। এই কাৰ্য্য সম্পন্ন হোৱা পাছত মৃতকৰ বাবে আয়োজন কৰা শ্ৰাদ্ধৰ ওৰ পৰে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ৱেবছাইটত থকা আলি আঃয়ে লৃগাং উৎসৱৰ এক চমু বৰ্ণনা অসমৰ জনগোষ্ঠী অৰুণাচল প্ৰদেশৰ জনগোষ্ঠী ভাৰতৰ