id
stringlengths
4
5
url
stringlengths
34
558
title
stringlengths
2
62
text
stringlengths
3.52k
77k
97763
https://as.wikipedia.org/wiki/%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%AE%E0%A7%80%20%E0%A6%97%E0%A7%8C%E0%A6%A4%E0%A6%AE
য়ামী গৌতম
য়ামী গৌতম ধৰ ২৮ নৱেম্বৰ, ১৯৮৮) হৈছে প্ৰধানকৈ হিন্দী ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনয়-শিল্পী। তেওঁ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে, আৰু টেলিভিছনৰ ছ'প অপেৰা যেনে: চান্দ কে পাৰ চালো (২০০৮–২০০৯) আৰু য়েহ প্যাৰ না হোগা কাম (২০০৯–২০১০)ত অভিনয় কৰে। ২০১২ চনত অভিনয় কৰা কমেডী-ড্ৰামা ভিকি ড'নাৰ হৈছে তেওঁৰ প্ৰথম হিন্দী ছবি, যাৰ ফলত তেওঁ শ্ৰেষ্ঠ মহিলা অভিষেককাৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে। ইয়াৰ পিছত গৌতমে থ্ৰিলাৰ ছবি বদলাপুৰ (২০১৫) আৰু কাবিল (২০১৭)ত অভিনয় কৰে৷ পৰৱৰ্তী সময়ত তেওঁ যুদ্ধকেন্দ্ৰিক ছবি উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক আৰু ব্যংগধৰ্মী ছবি বালা (দুয়োখন ২০১৯)ত অভিনয় কৰি অধিক সফলতা লাভ কৰে। ইয়াৰ পিছত তেওঁ এ থাৰ্ছডে (২০২২), দাসৱী (২০২২) আৰু চোৰ নিকল কে ভগা (২০২৩)ত অভিনয় কৰে। তেওঁৰ শেহতীয়া ছবি হৈছে অএমজি-২ (মুক্তিলাভ: আগষ্ট ২০২৩) প্ৰাথমিক জীৱন আৰু পৰিয়াল-পৰিচয় হিমাচল প্ৰদেশৰ বিলাসপুৰ হিন্দু ব্ৰাহ্মণপৰিয়ালত জন্মগ্ৰহণ কৰা য়ামী গৌতম ডাঙৰ-দীঘল হৈছিল চণ্ডীগড়ত।তেওঁৰ পিতৃ মুকেশ গৌতম এজন পাঞ্জাবী চলচ্চিত্ৰ পৰিচালক।তেওঁ পিটিচি নেটৱৰ্কৰ উপ-সঞ্চালক।[11] তেওঁৰ মাতৃৰ নাম অঞ্জলি গৌতম। তেওঁৰ এগৰাকী কনিষ্ঠ ভগ্নী চুৰিলি গৌতমে পাঞ্জাবী ছবি পাৱাৰ কাটৰ জৰিয়তে ডাঙৰ পৰ্দাত অভিষেক ঘটায়। য়ামী গৌতমে নিয়মীয়া স্কুলীয়া শিক্ষা লাভ কৰিছিল, আৰু পিছলৈ আইনত স্নাতক ডিগ্ৰী লাভ কৰিবলৈ কলেজত ভৰ্তি হৈছিল। তেওঁ সৰুতে ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ)ত যোগদান কৰাৰ আকাংক্ষা প্ৰকাশ কৰিছিল যদিও ২০ বছৰ বয়সত তেওঁ অভিনয়ৰ জগতত যোগদান কৰাৰ সিদ্ধান্ত লয়। তেওঁ আইনত অনাৰ্ছ লৈ পঢ়া-শুনা কৰি আছিল যদিও অভিনয়ৰ বাবে পূৰ্ণকালীন অধ্যয়ন এৰি দিয়ে। শেহতীয়াকৈ তেওঁ মুম্বাইত অংশকালীন স্নাতক ডিগ্ৰীৰ বাবে পঢ়া-শুনা কৰি আছে৷ তেওঁ অধ্যয়ন, অভ্যন্তৰীণ সজ্জা আৰু সংগীত শুনি ভাল পায়। ব্যক্তিগত জীৱন ২০১৫ চনত চনম ৰেৰ চিত্ৰগ্ৰহণৰ সময়ত পুলকিত সম্ৰাটৰ লগত তেওঁৰ প্ৰণয়পাশত আবদ্ধ হয়। তেওঁ এই বিষয়ে কেতিয়াও মুকলিলৈ একো কোৱা নাছিল যদিও তেওঁলোকৰ মাজত থকা সম্পৰ্কটোক সম্ৰাটৰ পত্নীয়ে নিশ্চিত কৰিছিল।অৱশেষত ২০১৮ চনত তেওঁলোকৰ (সম্ৰাট আৰু য়ামীৰ) বিচ্ছেদ ঘটে। ২০২১ চনৰ ৪ জুনত য়ামী গৌতমে আদিত্য ধৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পিছত তেওঁ নিজৰ নাম সলনি কৰি য়ামী গৌতম ধৰ কৰে। কৰ্মজীৱন টেলিভিছন কেৰিয়াৰ (২০০৮–২০১০) য়ামী গৌতমে ২০ বছৰ বয়সত চিনেমাত কেৰিয়াৰ গঢ়িবলৈ মুম্বাইলৈ গমন কৰিছিল। তেওঁ টেলিভিছনত আত্মপ্ৰকাশ কৰে চান্দ কে পাৰ চালোৰ জৰিয়তে। সমান্তৰালভাৱে তেওঁ ৰাজকুমাৰ আৰ্য়ানত মুখ্য চৰিত্ৰত অভিনয় কৰি থাকিল। ইয়াৰ পিছত তেওঁ টেলিভিছনত তেওঁৰ আটাইতকৈ উল্লেখযোগ্য ভূমিকা পালন কৰে, য়েহ পিয়াৰ না হোগা কামত যিখন সম্প্ৰচাৰিত হৈছিল কালাৰছত৷ ইয়াৰ উপৰি তেওঁ ৰিয়েলিটি শ্ব' মীথি চৌৰী নং ১ আৰু কিচেন চেম্পিয়ন ছিজন ১ত অংশগ্ৰহণ কৰিছে। চলচ্চিত্ৰৰ আত্মপ্ৰকাশ আৰু প্ৰাৰম্ভিক কাম (২০০৯–২০১৮) ২০০৯ চনত কানাড়া ভাষাৰ উল্লাছা উৎসাহ নামৰ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ পিছত গৌতমে শ্বুজিত ছিৰকাৰৰ ৰোমাণ্টিক কমেডী ছবি ভিকি ড’নাৰ (২০১২)ত মুখ্য চৰিত্ৰত অভিনয় কৰি বলিউডত অভিষেক ঘটায়। অভিষেক ঘটোৱা আয়ুষ্মান খুৰানা, অনু কাপুৰ আৰু ডলী আহলুৱালিয়াৰ বিপৰীতে অভিনয় কৰা আছিমা ৰয় নামৰ এগৰাকী বাঙালী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে যি শীৰ্ষ চৰিত্ৰটোৰ প্ৰেমত পৰে৷ তেওঁৰ প্ৰেমিক আছিল অৰোৰা পৰিয়ালৰ এজন পাঞ্জাবী ল’ৰা৷ পৰৱৰ্তী সময়ত তেওঁলোকৰ বিয়া হয় আৰু বিবাহৰ পাছত তেওঁ ল'ৰাজনৰ অতীতৰ বিষয়ে জানিব পাৰে৷ বলীউডৰ অভিনেতা জন আব্ৰাহামৰ প্ৰযোজনাত আত্মপ্ৰকাশ কৰা ছবিখনে সমালোচকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰাৰ লগতে বিশ্বজুৰি ৬৪৫ মিলিয়ন (৩.৯ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰি বছৰৰ অন্যতম সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়। অভিষেককাৰী অভিনয়ৰ বাবে গৌতমে সমালোচকৰ প্ৰশংসাৰ লগতে কেইবাটাও বঁটা আৰু মনোনয়ন লাভ কৰে, যাৰ ভিতৰত জি চিনে বঁটাৰ শ্ৰেষ্ঠ মহিলা নৱাগতৰ বঁটা (বৰফিৰ বাবে ইলিয়ানা ডি'ক্ৰুজৰ সৈতে যুটীয়াভাৱে) আৰু একেটা শ্ৰেণীৰ অধীনত তেওঁ ৫৮ সংখ্যক ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে। দুবছৰ ধৰি বলিউডৰ পৰা অনুপস্থিত থকাৰ পিছত ২০১৪ চনত গৌতমে ঘূৰি আহি দুখন ছবিত অভিনয় কৰে, য’ত প্ৰথমখন ছবি আছিল ঈশ্বৰ নিভাছৰ ৰোমাণ্টিক কমেডী ছবি টোটাল ছিয়াপ্পা আৰু দ্বিতীয়খন আছিল প্ৰভু দেৱৰ একচন থ্ৰিলাৰ একচন জেকচন, য’ত অজয় দেৱগনে দ্বৈত চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে গৌতম আৰু সোনাক্ষী সিনহাক তেওঁৰ প্ৰেম-প্ৰত্যাশিনী হিচাপে প্ৰক্ষেপ কৰা হৈছিল। ছবি দুখনৰ প্ৰদৰ্শন আশাব্যঞ্জক নাছিল৷ ২০১৫ চনত গৌতমে বৰুণ ধাৱান আৰু নৱাজুদ্দিন ছিদ্দিকিৰ সৈতে শ্ৰীৰাম ৰাঘৱনৰ একচন থ্ৰিলাৰ বদলাপুৰত অভিনয় কৰে। ১৫ বছৰৰ ভিতৰত পত্নী মিছা আৰু পুত্ৰৰ হত্যাৰ প্ৰতিশোধ লোৱা ৰঘু নামৰ এজন ব্যক্তিৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা ছবিখনে সমালোচনাত্মক আৰু ব্যৱসায়িক সফলতা হিচাপে আত্মপ্ৰকাশ কৰি ₹৭৭ কোটি (১১ মিলিয়ন মাৰ্কিন ডলাৰ) সংগ্ৰহ কৰে। বিশ্বজুৰি য়ামী গৌতমৰ অভিনয়ে প্ৰশংসা লাভ কৰে। ২০১৬ চনত গৌতমে পুলকিত সম্ৰাটৰ লগত চনম ৰে আৰু বিবেক অগ্নিহোত্ৰী পৰিচালিত জুনুনিয়াতত অভিনয় কৰে। ছবি দুখনে সফলতা লাভ নকৰিলে৷ পিছৰ বছৰত গৌতমে ঋত্বিক ৰোশনৰ সৈতে সঞ্জয় গুপ্তাৰ প্ৰতিশোধমূলক ৰোমাণ্টিক থ্ৰিলাৰ কাবিল (২০১৭)ত অভিনয় কৰে। ছবিখনৰ লগতে তেওঁৰ অভিনয়েও মিশ্ৰিত ইতিবাচক সমালোচনা লাভ কৰে আৰু ছবিখনে বিশ্বজুৰি ১.৯৬ বিলিয়ন (২৮ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰে। অগ্ৰগতি আৰু সফলতা (২০১৯-বৰ্তমান) ২০১৯ চনত আদিত্য ধৰৰ মিলিটাৰী একচন থ্ৰিলাৰ উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইকত য়ামী গৌতমে বিকি কৌশল, পৰেশ ৰাৱাল, মোহিত ৰাইনা, আৰু কীৰ্তি কুলহাৰীৰ সৈতে অভিনয় কৰিছিল৷ ছবিখন বছৰটোৰ তৃতীয় সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী ছবি হিচাপে পৰিচিত হয় আৰু বিশ্বজুৰি ৩.৪২ বিলিয়ন (৪৪ মিলিয়ন মাৰ্কিন ডলাৰ)তকৈ অধিক ধন উপাৰ্জন কৰে। ইয়াৰ পিছত ২০১৯ চনৰ ৭ নৱেম্বৰত মুক্তি পোৱা অমৰ কৌশিকৰ কমেডী-ড্ৰামা বালাত আয়ুষ্মান খুৰানাৰ সৈতে য়ামীক পুনৰ দেখা যায়। ছবিখনে বিশ্বজুৰি ১.৭ বিলিয়ন (২২ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰি ব্যৱসায়িক দিশৰ পৰা সফল বিবেচিত হয়। ২০২০ চনত অভিষেককাৰী পুনীত খান্নাৰ পৰিচালনা আৰু বিনোদ বচ্চনৰ প্ৰযোজনাত নিৰ্মিত গিনী ৱেডছ ছানী ছবিখনত গিনীৰ চৰিত্ৰত য়ামীয়ে অভিনেতা বিক্ৰান্ত মেছিৰ সৈতে অভিনয় কৰে। মুক্তিৰ লগে লগে ছবিখনে মিশ্ৰিত সমালোচনা লাভ কৰে। ২০২২ চনত য়ামী গৌতমৰ প্ৰথমখন ছবি আছিল বেহজাদ খাম্বাটাৰ থ্ৰিলাৰ এ থাৰ্ছডে, য'ত তেওঁ নেহা ধূপিয়া আৰু অতুল কুলকাৰ্ণীৰ সৈতে সহ অভিনয় কৰিছিল। ১৬টা শিশুক পণবন্দী কৰি লোৱা প্লেস্কুলৰ শিক্ষয়িত্ৰী নাইনা জয়ছৱালৰ মুখ্য চৰিত্ৰত য়ামীয়ে অভিনয় কৰিছিল। ২০২২ চনৰ ১৭ ফেব্ৰুৱাৰীত ডিজনী+ হটষ্টাৰত ছবিখনৰ প্ৰিমিয়াৰ হয়। মুক্তিৰ লগে লগে ছবিখনে মিশ্ৰিত আৰু পৰ্যায়ক্ৰমে ইতিবাচক সমালোচনা লাভ কৰে৷ বিশেষকৈ গৌতমে তেওঁৰ অভিনয়ৰ বাবে ইতিবাচক সমালোচনা লাভ কৰে। চিএনবিচি টিভি১৮ৰ স্নেহা বেংগালে ছবিখনক তেওঁৰ "কেৰিয়াৰৰ শ্ৰেষ্ঠ অভিনয়" বুলি বিবেচনা কৰে। ২০২৩ চনত য়ামী গৌতমে অক্ষয় কুমাৰ আৰু পংকজ ত্ৰিপাঠীৰ সৈতে অ'এমজি ২ সম্পূৰ্ণ কৰিছে। বঁটা আৰু মনোনয়ন তথ্যসূত্ৰ অভিনেত্ৰী জীৱিত ব্যক্তি হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী ভাৰতীয় অভিনেত্ৰী
57232
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A7%87%E0%A6%98%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC%E0%A7%B0%20%E0%A6%AE%E0%A6%BE%E0%A6%A4%E0%A7%83%E0%A6%AC%E0%A6%82%E0%A6%B6%E0%A7%80%E0%A6%AF%E0%A6%BC%20%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%9C
মেঘালয়ৰ মাতৃবংশীয় সমাজ
উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীত মাতৃবংশ প্ৰথাৰ প্ৰচলন আছে। নাৰীৰ উত্তৰপুৰুষৰ জৰিয়তে বংশৰ আভাস পোৱাকে মাতৃবংশ বোলে। এই সমাজ ব্যৱস্থাত কোনো এজন ব্যক্তিক তেওঁৰ মাতৃৰ বংশৰে সূচোৱা হয় আৰু সম্পত্তিৰ বা উপাধিৰ উত্তৰাধিকাৰ জড়িত থাকে। এনে ব্যৱস্থা সাধাৰণতে দেখা পোৱা পিতৃপ্ৰধান প্ৰথাতকৈ বেলেগ য'ত পৰিয়ালৰ পৰিচয় মূল পুৰুষজনৰ পৰা আহে। খাচি, গাৰো আৰু মেঘালয়ৰ আন আন উপগোটসমূহৰ মাজত অতীতৰে পৰা মাতৃবংশীয় সমাজ ব্যৱস্থা চলি আহিছে। খাচিসকলৰৰ মাতৃবংশীয় প্ৰথা পৃথিৱীৰ বৃহৎ মাতৃবংশীয় সংস্কৃতিসমূহৰ অন্যতম। পটভূমি উত্তৰ-পূব ভাৰতৰ আন বহু জনগোষ্ঠীৰ লগতে মেঘালয় ৰাজ্যৰ খাচিসকলেও মাতৃবংশ প্ৰথা মানি চলে। ভিন ভিন ভাষা, আচাৰ-ব্যৱহাৰ থকা কেইবাটাও উপগোষ্ঠীৰ বাবে খাচি জনগোষ্ঠী শব্দটো ব্যৱহাৰ কৰা হয়। এই সকলোবোৰ গোটৰ জনজাতীয় পৰিচয় (সাতটা পঁজা) নামেৰে একেই। আনহাতে আচিক লোকসকলৰ বিভিন্ন গোটক গাৰো নামটোৰে সূচোৱা হয়। খাচিসকলৰৰ মাতৃবংশীয় প্ৰথাক পৃথিৱীৰ "বৰ্তি থকা বৃহৎ মাতৃবংশীয় সংস্কৃতিসমূহৰ" এটা বুলি অভিহিত কৰা হৈছে। খাচি, গাৰো আৰু আন আন গোটসমূহ মেঘালয়ৰ লগতে অসম আৰু বাংলাদেশৰ সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰে। পূব এছিয়াৰ মন-মাৰ লোকসকলক খাচিসকলৰ পূৰ্বপুৰুষ বুলি বিশ্বাস কৰা হয়। খাচি আৰু আন উপগোটসমূহৰ মাতৃবংশীয় প্ৰথা ভাৰতত অদ্বিতীয়। তেওঁলোকৰ লোকবিশ্বাস, কিংবদন্তি আৰু উৎপত্তিৰ কাহিনীবোৰত মাতৃবংশৰ কথাক গুৰুত্ব দিয়া হৈছে। যুদ্ধলৈ যোৱা খাচি ৰজাসকলে পৰিয়ালৰ দায়িত্ব মহিলাক দি থৈ গৈছিল আৰু সেইবাবে সমাজত মহিলাৰ ভূমিকা অতীজৰে পৰা সন্মানীয় লৈ পৰিছে। হিন্দু মহাকাব্য মহাভাৰতত উল্লেখিত নাৰী ৰাজ্যৰ খাচি আৰু জয়ন্তীয়া পাহাৰ আৰু মেঘালয়ৰ মাতৃবংশ প্ৰথাৰ লগত সম্পৰ্ক থাকিব পাৰে। ২০০৪ চনৰ এক প্ৰতিবেদন অনুসৰি মেঘালয়ৰ জনজাতিসমূহৰ মাতৃবংশীয় বৈশিষ্ট্য কিছু পৰিমাণে নাইকিয়া হৈ আহিছে। অধিকাৰ, ভূমিকা আৰু দায়িত্ব মেঘালয়ৰ মাতৃপ্ৰধান সমাজত নাৰীৰ ভূমিকা প্ৰধান। পৰিয়ালৰ নুমলীয়া জীয়ৰী এ সকলো সম্পত্তিৰ অধিকাৰ পায়। বিবাহৰ পাছত জোঁৱাই শাহুৱেকৰ ঘৰত থাকিব লাগে। সন্তানসকলে মাকৰ উপাধি লিখে। কোনো লোকৰ কন্যা সন্তান জন্ম নহ'লে তেওঁলোকে ছোৱালী এজনী তুলি লয় আৰু সম্পত্তিৰ উত্তৰাধিকাৰ তাইলৈ হস্তান্তৰ কৰে। ল'ৰা সন্তান জন্মৰ বিপৰীতে কন্যা সন্তানৰ জন্ম যাপন কৰা হয়। নাৰী এগৰাকীয়ে পুনৰ্বিবাহ কৰিলে বা বিবাহ বহিৰ্ভূত ভাৱে সন্তান জন দিলে সামাজিক অপবাদৰ বলি নহয়। নিয়মে তেওঁলোকক সুৰক্ষা দিয়ে। কেতিয়াবা কোনো নাৰীয়ে অন্য জনগোষ্ঠীৰ পুৰুষো বিয়া কৰায়। খাচি সমাজৰ সফল মহিলাসকলে অনুভৱ কৰে যে তেওঁলোকৰ "সামাজিক ব্যতিক্ৰমে" সফল হোৱাত সৰ্বতোপ্ৰকাৰে সহায় কৰে। প্ৰায়বোৰ সৰু-সুৰা ব্যৱসায়ৰ দায়িত্ব মহিলাসকলেই লয়। ১৯৯৪ চনত বীণা আগৰৱালে গাৰো আৰু খাচিসকলৰ বিশিষ্ট্যৰ তুলনামূলক অধ্যয়ন কৰিছিল। তেওঁ জনায় যে গাৰোসকলৰ মাজতো মাতৃবংশীয় উত্তৰাধিকাৰ, বিবাহৰ পাছত মাতৃৰ ঘৰত বা কাষতে বাসৰ প্ৰথা, সম্পৰ্কীয় লোকৰ মাজত বিবাহৰ পচন্দ, -বৈবাহিক যৌনমিলন আদিৰ প্ৰচলন আছে, কিন্ত নাৰীৰ ব্যভিচাৰক শাস্তি দিয়া হয়। আনহাতে খাচিসকলৰ মাজত মাতৃবংশীয় উত্তৰাধিকাৰ, বিবাহৰ পাছত মাতৃৰ ঘৰত বা কাষতে বাসৰ প্ৰথা আৰু দ্বি-বাসস্থান (পত্নীয়ে মাক-দেউতাকৰ লগতে বাস কৰে আৰু গিৰিয়েকে অন্য ঘৰত বাস কৰে)ৰ নিয়ম আছে। সম্পৰ্কীয় লোকৰ মাজত বিবাহৰ বিৰূপ ভাব আছে। খাচি নাৰীৰো -বৈবাহিক যৌনমিলন মানি লোৱা হয় কিন্তু ব্যভিচাৰক শাস্তি দিয়া হয়। সন্তানৰ চোৱা-চিতাৰ দায়িত্ব মাক বা শাহুৱেকৰ। সম্পত্তিৰ উত্তৰাধিকাৰ লাভ কৰা কনিষ্ঠ জীয়েকে মাক-দেউতাকৰ বৃদ্ধ বয়সত যত্ন ল'ব লাগে আৰু ভায়েক-ভনীয়েকৰো পঢ়া-শুনা বা অন্য দায়িত্ব গ্ৰহণ কৰিব লাগে। কিছুমান খাচি পুৰুষে এনে সমাজত নিজকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক জ্ঞান কৰে। তেওঁলোকে পুৰুষৰ সম-অধিকাৰ বিচাৰি আৰু (সামাজিক পুনৰ্গঠন সংঘ)ৰ দৰে সংস্থা গঠন কৰিছে। তেওঁলোকে প্ৰকাশ কৰে যে "খাচি পুৰুষৰ কোনো সুৰক্ষা নাই, তেওঁলোকৰ মাটিৰ অধিকাৰ নাই, তেওঁলোকে পাৰিবাৰিক ব্যৱসায় চলাব নোৱাৰে আৰু কোনো কামতে গ্ৰহণযোগ্য নহয়।” মেঘালয়ৰ সমাজ মাতৃবংশীয় হ'লেও মাতৃপ্ৰধান নহয়। আগৰ ৰজাৰ দিনত ৰজাৰ নুমলীয়া ভনীৰ ই ৰাজ্যৰ শাসনভাৰ লাভ কৰিছিল। এতিয়াও মেঘালয় বিধানসভা বা পঞ্চায়তত নাৰীৰ অংশগ্ৰহণ নূন্যতম। ২০১৩ চনত মেঘালয় বিধানসভাৰ ৬০ গৰাকী সদস্যৰ মাত্ৰ পাঁচগৰাকী মহিলা। জনজাতিৰ মুখ্য ৰাজনৈতিক বিভাগ ত মহিলাক কোনো দায়িত্ব দিয়া নহয়। কিন্তু মহিলাসকলে অনুভৱ কৰে যে তেওঁলোকে পুৰুষতকৈ ইছাৰ দায়িত্ব ভালদৰে পালন কৰে আৰু সেইবাবে অৰ্থনৈতিক স্বাধীনতা উপভোগ কৰে। তথ্যসূত্ৰ গ্ৰন্থপঞ্জী নৃতত্ব মাতৃতন্ত্ৰ
66927
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%AE%E0%A6%B2%20%E0%A7%B0%E0%A6%A3%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A7%87
কমল ৰণদিৱে
কমল ৰণদিৱে ৮ নৱেম্বৰ ১৯১৭ ১১ এপ্ৰিল ২০০১) এগৰাকী ভাৰতীয় কোষ জীৱবিজ্ঞানী আৰু কৰ্কট ৰোগ বিশেষজ্ঞ। তেওঁ বিশেষকৈ কৰ্কট ৰোগ আৰু ভাইৰাছৰ মাজৰ সম্পৰ্কৰ বিষয়ে গৱেষণাৰ বাবে জনাজাত। তেওঁ ভাৰতীয় মহিলা বিজ্ঞানী সন্থাৰ এজন প্ৰতিষ্ঠাপক সদস্য আছিল। ১৯৬০ৰ দশকত তেওঁ মুম্বাইৰ ভাৰতীয় কৰ্কট গৱেষণা কেন্দ্ৰত ভাৰতৰ প্ৰথম টিছু কালচাৰ বা দেহকলা উৎপাদন গৱেষণাগাৰ স্থাপন কৰিছিল। প্ৰাৰম্ভিক জীৱন ১৯১৭ চনৰ ৮ নৱেম্বৰ তাৰিখে মহাৰাষ্ট্ৰৰ পুনেত কমল ৰণদিৱেৰ জন্ম হৈছিল। তেওঁৰ পিতৃ দিনকৰ দাট্টাত্ৰেয় সামৰ্থ আৰু মাতৃ শান্তাবাঈ দিনকৰ সামৰ্থ। তেওঁৰ দেউতাক এজন জীৱবিজ্ঞানী আছিল আৰু পুনেৰ ফেৰ্গুছচন কলেজত অধ্যাপনা কৰিছিল। কমল এগৰাকী উজ্জ্বল শিক্ষাৰ্থী আছিল। তেওঁ হুজুৰপাগাৰ এইচ.এইচ.চি.পি. উচ্চ বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাকে কমলক ঔষধ অধ্যয়ন কৰিবলৈ আৰু এজন চিকিৎসকক বিয়া কৰাটো বিচাৰিছিল। কিন্তু ইয়াৰ বিপৰীতে তেওঁ মুখ্য বিষয় হিচাপে উদ্ভিদবিজ্ঞান আৰু প্ৰাণীবিজ্ঞানৰ সৈতে ফেৰ্গুছচন কলেজত কলেজীয়া শিক্ষা আৰম্ভ কৰিছিল। তেওঁ ১৯৩৪ চনত ডিষ্টিংচনৰ সৈতে বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত তেওঁ পুনেৰ কৃষি মহাবিদ্যালয়লৈ গৈছিল আৰু ১৯৪৩ চনত বিশেষ বিষয় হিচাপে কোষ বংশগতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী আৰোহণ কৰিছিল। তাৰ পিছত তেওঁ ১৯৩৯ চনৰ ১৩ মে' তাৰিখে গণিতজ্ঞ জয়সিংহ ত্ৰিম্বক ৰণদিৱেক বিয়া কৰায় আৰু বোম্বাইলৈ স্থানান্তৰিত হৈছিল। তেওঁলোকৰ এজন পুত্ৰ অনিল জয়সিংহ আছে। বোম্বাইত (বৰ্তমান মুম্বাই) তেওঁ টাটা মেমৰিয়েল হস্পিটেলত কাম কৰিছিল। তেওঁৰ স্বামী ৰণদিৱে কোষ জীৱবিজ্ঞানৰ স্নাতকোত্তৰ অধ্যয়নত যথেষ্ট সহায় কৰিছিল। এই বিষয় তেওঁৰ দেউতাকে বাছনি কৰিছিল। তেওঁ বোম্বে বিশ্ববিদ্যালয়ত তেওঁৰ ডক্টৰেট ডিগ্ৰী বাবেও গৱেষণা কৰিছিল। ৰোগবিশেষজ্ঞ আৰু ভাৰতীয় কৰ্কট গৱেষণা কেন্দ্ৰৰৰ প্ৰতিষ্ঠাতা ড॰ ভি. আৰ. খানলকাৰ তেওঁৰ গাইড আছিল। ১৯৪৯ চনত বোম্বে বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি লাভ কৰাৰ পিছত তেওঁক খানলকাৰে আমেৰিকান বিশ্ববিদ্যালয়ত ফেলোশ্বিপ বিচাৰিবলৈ উৎসাহিত কৰিছিল। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাল্টিমুৰেত অৱস্থিত জনছ হপকিনছন বিশ্ববিদ্যালয়ত জৰ্জ গেৰ সৈতে তেওঁৰ গৱেষণাগাৰত টিছু কাল্চাৰৰ কৌশলৰ ওপৰত গৱেষণা কৰিবলৈ পোষ্টডক্টৰেটৰ গৱেষণা ফেলোশ্বিপ লাভ কৰিছিল। পেছাদাৰী জীৱন কমলে ভাৰতলৈ উভতি অহাৰ পিছত ভাৰতীয় কৰ্কট ৰোগ গৱেষণা কেন্দ্ৰত পুনৰ যোগদান কৰিছিল আৰু এজন জ্যেষ্ঠ গৱেষণা বিষয়া হিচাপে তেওঁৰ পেছাদাৰী জীৱন আৰম্ভ কৰিছিল। বোম্বাইত পৰীক্ষামূলক জীৱবিজ্ঞান গৱেষণাগাৰ আৰু টিছু কালচাৰ পৰীক্ষাগাৰ স্থাপনত তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। ১৯৬৬ চনৰ পৰা ১৯৭০ লৈ তেওঁ ভাৰতীয় কৰ্কট গৱেষণা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত সঞ্চালক আছিল। ১৯৬০ দশকৰ আৰম্ভণিতে তেওঁ তেওঁৰ সহায়কসকলৰ সৈতে জীৱবিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰত টিছু কাল্চাৰ মাধ্যম আৰু সম্পৰ্কিত প্ৰতিকাৰকসমূহ বিকশিত কৰিছিল। কাৰ্চিনোজেনেচিছ, কোষ জীৱবিজ্ঞান আৰু ৰোগ প্ৰতিৰোধ বিজ্ঞানৰ নতুন গৱেষণা গোট স্থাপন কৰাৰ বাবেও তেওঁ দায়বদ্ধ আছিল। তেওঁৰ গৱেষণাৰ সাফল্যৰ ভিতৰত আছে জন্তুৰ মাধ্যমৰ জৰিয়তে কৰ্কট ৰোগৰ ৰোগশৰীৰবিজ্ঞানৰ ওপৰত গৱেষণা যাৰ ফলত লিউকেমিয়া, স্তনৰ কৰ্কট ৰোগ আৰু খাদ্যনলীৰ কৰ্কট ৰোগৰ দৰে ৰোগৰ কাৰণবোৰ অধিক বোধগম্য হৈছিল। আন এক উল্লেখযোগ্য সাফল্য হল কৰ্কট ৰোগ আৰু হৰমন আৰু টিউমাৰ ভাইৰাছসম্পৰ্কৰ সংবেদনশীলতাৰ সৈতে এক সংযোগ স্থাপন কৰা। কুষ্ঠ ৰোগৰ টীকা বিকাশত কুষ্ঠ ৰোগৰ সৈতে সম্পৰ্কিত বেক্টেৰিয়াৰ ওপৰত তেওঁৰ মৌলিক গৱেষণায়ে সহায় কৰিছিল। বিশেষকৈ মহিলা আৰু শিশুৰ মাজত কৰ্কট ৰোগৰ ওপৰত গৱেষণা কৰিবলৈ তেওঁ ভাৰতীয় মহিলা বিজ্ঞানীসকলক মহান অনুপ্ৰেৰণা যোগাইছিল। বঁটা আৰু সন্মান তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ১৯৮২ চনত চিকিৎসা শিতানত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। ১৯৬৪ চনত তেওঁক ভাৰতৰ চিকিৎসা পৰিষদৰ প্ৰথম ৰূপালী জয়ন্তী গৱেষণা বঁটা প্ৰদান কৰা হৈছিল। এই বঁটাত সোণৰ পদক আৰু ১৫,০০০ টকাৰ নগদ পুৰস্কাৰ অন্তৰ্ভুক্ত আছিল। তেওঁক মাইক্ৰ'জীৱবিজ্ঞানত ১৯৬৪ চনৰ বাবে জি. জে. ৱাটামুল ফাউণ্ডেচন পুৰস্কাৰ প্ৰদান কৰা হৈছিল। তেওঁ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ এগৰাকী এমিৰিটাছ চিকিৎসা বিজ্ঞানী আছিল। তথ্য উৎস গ্ৰন্থৰাজি ভাৰতৰ ব্যক্তি মৃত ব্যক্তি ভাৰতীয় মহিলা বিজ্ঞানী পদ্মভূষণ বঁটা
57813
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BE%E0%A6%A6%E0%A6%BE%E0%A6%97%E0%A6%BE%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A6%BE%E0%A7%B0
মাদাগাস্কাৰ
মাদাগাস্কাৰ আনুষ্ঠানিক নাম মাদাগাস্কাৰ গণৰাজ্য, ভাৰত মহাসাগৰত অৱস্থিত এক দ্বীপ ৰাষ্ট্ৰ। ই আফ্ৰিকাৰ পূৱ উপকূলৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ (২৫০ মাইল) দূৰত অৱস্থিত। ৫,৯২,৮০০ বৰ্গ কিলোমিটাৰ (২,২৮,৯০০ বৰ্গ মাইল) মাটিকালিৰে মাদাগাস্কাৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম দ্বীপ ৰাষ্ট্ৰ। এই দ্বীপ ৰাষ্ট্ৰখন মাদাগাস্কাৰ নামৰ মূল দ্বীপ আৰু অসংখ্য সৰু সৰু দাঁতিকাষৰীয়া দ্বীপেৰে গঠিত। প্ৰাক-ঐতিহাসিক কালৰ গণ্ডৱানা মহাদেশৰ বিচ্ছেদৰ সময়ত, মাদাগাস্কাৰ প্ৰায় ৮.৮ কোটি বছৰ পূৰ্বে ভাৰতীয় উপমহাদেশৰ পৰা বিভক্ত হয়, যাৰ ফলত দেশখনৰ থলুৱা উদ্ভিদ আৰু প্ৰাণীসমূহ আপেক্ষিকভাৱে আন অঞ্চলৰ পৰা বিচ্ছিন্ন হৈ বিকশিত হয় আৰু মাদাগাস্কাৰক এক জৈৱবৈচিত্ৰৰ ৰম্যভূমিত পৰিণত কৰে। মাদাগাস্কাৰৰ ৯০%-ৰো অধিক বন্যজীৱন পৃথিৱীতে আন ক'তো পোৱা নাযায়। দ্ৰুত বৰ্ধমান মানুহৰ জনসংখ্যা আৰু অন্যান্য পৰিৱেশজনিত ভাবুকিৰ ফলত বৰ্তমানে ৰাষ্ট্ৰখনৰ পৰিৱেশ তন্ত্ৰ আৰু বন্যজীৱন সংকতৰ সম্মুখীন হৈছে। প্ৰত্নতাত্ত্বিক প্ৰমাণৰ অনুসৰি মাদাগাস্কাৰত প্ৰাচীনতম মানুহৰ বিচৰণ ১০,০০০ বছৰ পূৰ্বে হয় বুলি অনুমান কৰা হয়। মাদাগাস্কাৰত মানুহ বসতি স্থাপন হয় খ্ৰিষ্টপূৰ্ব ৩৫০-ৰ পৰা ৫৫০ খ্ৰিষ্টাব্দৰ মাজত ইণ্ডোনেছিয়াৰ পৰা নাৱেৰে অহা অষ্ট্ৰোনেছিয়ান লোকৰ দ্বাৰা। সেই সময়ত ইণ্ডোনেছিয়াৰ সামাজিক তথা ধৰ্মীয় পৰিস্থিতি আছিল স্থানীয় ইণ্ডোনেছিয়ান সংস্কৃতি সহ হিন্দু ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ। এওঁলোকক খ্ৰিষ্টীয় নৱম শতিকাৰ আশেপাশে যোগদান কৰে পূব আফ্ৰিকাৰ পৰা মোজাম্বিক চেনেল অতিক্ৰম কৰি অহা বাণ্টু জনগোষ্ঠীৰ লোকসকলে। অন্যান্য জনগোষ্ঠীসমূহে সময়ে সময়ে মাদাগাস্কাৰত আহি বসতি স্থাপন কৰে আৰু এই সকলোবোৰ জনগোষ্ঠীৰ অৱদান আৰু প্ৰভাৱ মাদাগাস্কাৰৰ সাংস্কৃতিক জীৱনত দেখা যায়। মাদাগাস্কাৰৰ লোক মালাগাছি নৃগোষ্ঠীক প্ৰায় ১৮ বা ততোধিক উপগোষ্ঠীত বিভক্ত কৰা হয় যাৰ মাজত বৃহত্তম হ'ল কেন্দ্ৰীয় উচ্চভূমিৰ মেৰিনা জনগোষ্ঠী। ১৮ শতিকাৰ শেষৰ ফাললৈকে মাদাগাস্কাৰ দ্বীপটো পৰিবৰ্তনশীল সামাজিক-ৰাজনৈতিক গোটৰ দ্বাৰা শাসিত হৈ আছিল। ১৯ শতিকাৰ আৰম্ভণিৰ পৰা দ্বীপটোৰ অধিকাংশ অঞ্চলক একলগ কৰি মাদাগাস্কাৰ সাম্ৰাজ্য নামেৰে মেৰিনা জনগোষ্ঠীৰ শাসকসকলে শাসন চলাইছিল। ১৮৯৭ চনত এই শাসনৰ অন্ত পৰে যেতিয়া দ্বীপটোক ফৰাছি ঔপনিবেশিক সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হয়। এই ফৰাছি ঔপনিবেশৰ পৰা দ্বীপটোৱে স্বাধীনতা লাভ কৰে ১৯৬০ চনত। মাদাগাস্কাৰ স্বায়ত্তশাসিত ৰাষ্ট্ৰখন তেতিয়াৰে পৰা চাৰিটা প্ৰধান সাংবিধানিক সময়কালৰ মাজৰে পাৰ হয়, যাক গণৰাজ্য আখ্যা কৰা হয়। ১৯৯২ চনৰে পৰা দেশখন আনুষ্ঠানিকভাবে সাংবিধানিক গণতন্ত্ৰ হিচাপে পৰিচালনা হৈ আহিছে। ইয়াৰ ৰাজধানী এণ্টানানাৰিভ'। ২০০৯ চনৰ জনগণৰ এক অভ্যুত্থানৰ পাছত ৰাষ্ট্ৰপতি মাৰ্ক ৰভালোমনানাক পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হয় আৰু ২০০৯ চনৰ মাৰ্চ মাহত ৰাষ্ট্ৰপতিৰ ক্ষমতা এণ্ড্ৰি ৰাজোয়েলিনাৰ হাতলৈ স্থানান্তৰিত হয়। সাংবিধানিক শাসন ব্যৱস্থা ২০১৪ চনৰ জানুৱাৰীত পুনৰুদ্ধাৰ কৰা হয় বুলি বিবেচনা কৰা হয় যেতিয়া ২০১৩ চনৰ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় সুষ্ঠু আৰু স্বচ্ছ বুলি গণ্য কৰা নিৰ্বাচনত বিজয়ী হৈ হেৰী ৰাজাওনাৰিমাপিয়ানিনাই ৰাষ্ট্ৰপতিৰ পদভাৰ গ্ৰহণ কৰে। মাদাগাস্কাৰ ৰাষ্ট্ৰসংঘ, আফ্ৰিকান ইউনিয়ন (এইউ), দক্ষিণ আফ্ৰিকাৰ উন্নয়ন সম্প্ৰদায় (এচএডিচি) আৰু ফ্ৰাঙ্কোফোনিৰ আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সদস্য। ৰাষ্ট্ৰসংঘৰ মতে মাদাগাস্কাৰ পৃথিৱীৰ সকলোতকৈ কম উন্নত দেশসমূহৰ ভিতৰত এখন। মালাগাছি আৰু ফৰাছি দু্য়ো হৈছে ৰাষ্ট্ৰখনৰ চৰকাৰী ভাষা। দেশখনৰ নাগৰিকৰ বেছিভাগেই পৰম্পৰাগত ধৰ্মবিশ্বাস, খ্ৰীষ্টান ধৰ্ম বা উভয়ৰ সমন্বয়ক মানি চলে। ইক'-টুৰিজম আৰু কৃষিৰ লগতে শিক্ষা, স্বাস্থ্য আৰু বেচৰকাৰী উদ্যোগত বৃহত্তৰ বিনিয়োগ হৈছে মাদাগাস্কাৰৰ উন্নয়নৰ কৌশলৰ মূল উপাদান। ৰভালোমনানাৰ অধীনত এই বিনিয়োগসমূহে যথেষ্ট পৰিমাণে অৰ্থনৈতিক বৃদ্ধি অৰ্জন কৰিছিল, কিন্তু সুবিধাসমূহ সমভাবে জনগণৰ মাজত বিতৰণ নোহোৱাৰ বাবে, দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ কিছু অংশৰ মাজত জীৱন-যাপনৰ ব্যয় বৃদ্ধি আৰু হ্ৰাসমান জীবন-যাপনৰ মানদণ্ডৰ বাবে উদ্বিগ্নতাৰ সৃষ্টি হৈছে। ২০১৭ চনৰ তথ্য অনুসৰি, দেশখনৰ অৰ্থনীতি ২০০৯-২০১৩-ৰ ৰাজনৈতিক সংকটৰ ফলত দুৰ্বল হৈ পৰে আৰু বেছিভাগ মালাগাছি জনগোষ্ঠীৰ জীবন-যাপনৰ মানদণ্ড নিম্নমানৰে হৈ আছে। তথ্য সংগ্ৰহ আফ্ৰিকাৰ দেশ ৰাষ্ট্ৰসংঘৰ সদস্য
73890
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BE
অম্বা
অম্বা হৈছে হিন্দু মহাকাব্য মহাভাৰতৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ কাশীৰ ৰজা কাশ্যৰ জ্যেষ্ঠ কন্যা আৰু অম্বিকা আৰু অম্বালিকাৰ ভগ্নী। অম্বাক কুৰু ৰাজকুমাৰ ভীষ্মই অপহৰণ কৰিছিল আৰু অম্বাই তেওঁৰ এই দুৰ্ভাগ্যৰ বাবে ভীষ্মক দায়ী কৰিছিল। পিছলৈ ভীষ্মৰ ধ্বংসয়েই অম্বাৰ জীৱনৰ একমাত্ৰ লক্ষ্য হৈ পৰে। ইয়াকে পূৰণ কৰিবলৈ তেওঁ দ্ৰুপদৰাজৰ জীয়ৰী আৰু মহাকাব্যৰ নায়িকা দ্ৰৌপদীৰ ভগ্নী শিখান্দিনী হিচাপে পুনৰ জন্মগ্ৰহণ কৰিছিল। পটভূমি অম্বা কাশীৰাজৰ জ্যেষ্ঠ কন্যা আছিল। তেওঁৰ দুগৰাকী সৰু ভগ্নী ক্ৰমে অম্বিকা আৰু অম্বালিকা। সংস্কৃতত অম্বাৰ অৰ্থ মাতৃ, লগতে বৈদিক সংযোগেৰে তেওঁক বেদৰ মাতৃ বুলিও কোৱা হৈছে। স্বয়ম্বৰ মহাভাৰতৰ আদি পৰ্বত কাশী ৰাজ্যত অম্বাৰ স্বয়ম্বৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। সুবলৰ ৰজা শাল্ব আৰু অম্বা গোপনে প্ৰেমত পৰিছিল আৰু অম্বাই তেওঁৰ ডিঙিতেই বৰমালা ৰখাৰ প্ৰতিশ্ৰুতি দিছিল। ভীষ্মই কাশীৰ তিনিও গৰাকী ধুনীয়া ৰাজকুমাৰীৰ স্বয়ম্বৰ অনুষ্ঠানৰ বিষয়ে জানিব পাৰিছিল, আৰু তেওঁৰ ভাতৃ বিচিত্ৰবীৰ্যৰ বাবে ৰাজকুমাৰীসকলক জয় কৰাৰ উদ্দেশ্যে স্বয়ম্বৰলৈ গৈছিল। ভীষ্মই কইনাসকলক অপহৰণৰ বাবে কৰা অভিপ্ৰায়ত সমবেত প্ৰেমিকসকলে তেওঁক বাধা দি প্ৰত্যাহ্বান জনাইছিল। ভীষ্মই ৰাজকুমাৰীসকলক তেওঁৰ ৰথত জোৰ কৰি উঠাই আঁতৰি গৈছিল। ৰজাসকলে অনুসৰণ কৰি ভীষ্মক তীৰৰ বৰষুণেৰে আঘাত কৰাৰ চেষ্টা কৰিছিল; অৱশ্যে, ভীষ্মই সেই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে আৰু তেওঁলোকক পৰাজিত কৰে। শাল্বই ভীষ্মক দ্বৈত যুদ্ধৰ বাবে প্ৰত্যাহ্বান জনাই; ভীষ্মই শাল্বকো আঘাত কৰি দমন কৰে। অৱশ্যে তেওঁক ভীষ্মই জীৱন দান দিয়ে। অম্বাৰ অনুভূতিৰ বিষয়ে অজ্ঞাত হৈ ভীষ্মই হস্তিনাপুৰলৈ আগবাঢ়ি গৈ সত্যৱতীৰ ওচৰত ৰাজকুমাৰী কেইগৰাকীক উপস্থাপন কৰে, অৱশেষত বিচিত্ৰবীৰ্যৰ সৈতে তেওঁলোকৰ বিবাহৰ ব্যৱস্থা কৰা হয়। অম্বাই ভীষ্ম আৰু ব্ৰাহ্মণ পৰিষদৰ কাষ চাপি প্ৰকাশ কৰিছিল যে তেওঁ আৰু শাল্ব ৰজাই ইজনে সিজনৰ প্ৰেমত আবদ্ধ হৈ আছে আৰু তেওঁক স্বয়ম্বৰত স্বামী হিচাপে বাছনি কৰিবলৈ সিদ্ধান্ত লৈছিল। ভীষ্মই অম্বাৰ যুক্তি স্বীকাৰ কৰি সন্মানৰ সৈতে সুবললৈ পঠিয়াই দিয়ে, আনহাতে অম্বিকা আৰু অম্বালিকা বিচিত্ৰবীৰ্যৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।মহাভাৰতৰ আদি পৰ্বত কাশী ৰাজ্যত অম্বাৰ স্বয়ম্বৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। সুবলৰ ৰজা শাল্ব আৰু অম্বা গোপনে প্ৰেমত পৰিছিল আৰু অম্বাই তেওঁৰ ডিঙিতেই বৰমালা ৰখাৰ প্ৰতিশ্ৰুতি দিছিল। ভীষ্মই কাশীৰ তিনিও গৰাকী ধুনীয়া ৰাজকুমাৰীৰ স্বয়ম্বৰ অনুষ্ঠানৰ বিষয়ে জানিব পাৰিছিল, আৰু তেওঁৰ ভাতৃ বিচিত্ৰবীৰ্যৰ বাবে ৰাজকুমাৰীসকলক জয় কৰাৰ উদ্দেশ্যে স্বয়ম্বৰলৈ গৈছিল। ভীষ্মই কইনাসকলক অপহৰণৰ বাবে কৰা অভিপ্ৰায়ত সমবেত প্ৰেমিকসকলে তেওঁক বাধা দি প্ৰত্যাহ্বান জনাইছিল। ভীষ্মই ৰাজকুমাৰীসকলক তেওঁৰ ৰথত জোৰ কৰি উঠাই আঁতৰি গৈছিল। ৰজাসকলে অনুসৰণ কৰি ভীষ্মক তীৰৰ বৰষুণেৰে আঘাত কৰাৰ চেষ্টা কৰিছিল; অৱশ্যে ভীষ্মই সেই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে আৰু তেওঁলোকক পৰাজিত কৰে। শাল্বই ভীষ্মক দ্বৈত যুদ্ধৰ বাবে প্ৰত্যাহ্বান জনাই; ভীষ্মই চালভাকো আঘাত কৰি দমন কৰে। অৱশ্যে তেওঁক ভীষ্মই জীৱন দান দিয়ে। অম্বাৰ অনুভূতিৰ বিষয়ে অজ্ঞাত হৈ ভীষ্মে হস্তিনাপুৰলৈ আগবাঢ়ি গৈ সত্যৱতীৰ ওচৰত ৰাজকুমাৰী কেইগৰাকীক উপস্থাপন কৰে, অৱশেষত বিচিত্ৰবীৰ্যৰ সৈতে তেওঁলোকৰ বিবাহৰ ব্যৱস্থা কৰা হয়। অম্বাই ভীষ্ম আৰু ব্ৰাহ্মণ পৰিষদৰ কাষ চাপি প্ৰকাশ কৰিছিল যে তেওঁ আৰু চালভা ৰজাই ইজনে সিজনৰ প্ৰেমত আবদ্ধ হৈ আছে আৰু তেওঁক স্বয়ম্বৰত স্বামী হিচাপে বাছনি কৰিবলৈ সিদ্ধান্ত লৈছিল। ভীষ্মই অম্বাৰ যুক্তি স্বীকাৰ কৰি সন্মানৰ সৈতে শাল্বলৈ পঠিয়াই দিয়ে, আনহাতে অম্বিকা আৰু অম্বালিকা বিচিত্ৰবীৰ্যৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। শাল্বৰ প্ৰত্যাখ্যান মহাভাৰতৰ উদ্যোগ পৰ্বৰ আম্বোপাখ্যানপৰ্ব অধ্যায়ত, অম্বাৰ পৰৱৰ্তী জীৱনৰ কাহিনীটো ভীষ্মই বৰ্ণনা কৰিছে যেতিয়া দুৰ্যোধনে তেওঁক প্ৰশ্ন কৰিছিল যে তেওঁ কিয় পাণ্ডৱ, সম্পৰ্কীয় ভাই-ভনী আৰু কৌৰৱৰ শত্ৰু শিখান্দিক হত্যা কৰা নাছিল। ভীষ্মই অম্বাক নিশ্চয়তা প্ৰদান কৰিছিল যে তেওঁ অম্বাক সুৰক্ষিতভাৱে শাল্বা ৰাজ্যলৈ লৈ পঠিয়াই দিব, কিন্তু শাল্বই প্ৰত্যুত্তৰ দিছিল যে তেওঁ আৰু অম্বাক নিবিচাৰে, কিয়নো অম্বাক ভীষ্মই সঠিকভাৱে যুদ্ধ জয়ৰে লাভ কৰিছিল। অম্বাই শাল্বক অনুৰোধ কৰিছিল, যে তেওঁ কেৱল শাল্বৰাজকেই প্ৰকৃত প্ৰেম বুলি বিবেচনা কৰিছিল। কিন্তু শাল্বই ক্ষত্ৰিয় ধৰ্মৰ পালন কৰি অম্বাক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। এইদৰে প্ৰত্যাখ্যানৰে দগ্ধ হৈ অম্বাই শাল্বা ৰাজ্য ত্যাগ কৰি অৰণ্যলৈ গুচি গৈছিল। আন এটা সংস্কৰণত, অম্বাই এই প্ৰত্যাখ্যানৰ দ্বাৰা দুঃখিত হৈ পুনৰ ভীষ্মৰ ওচৰলৈ উভতি আহে আৰু তেওঁক তেওঁৰ সকলো সমস্যাৰ বাবে দায়বদ্ধ বুলি দোষাৰোপ কৰে। ভীষ্মই বিচিত্ৰৰ্য্যক অম্বাক বিয়া কৰাবলৈ সৈমান কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু অম্বা আন কাৰোবাৰ প্ৰেমত জড়িত থকা বুলিয়েই তেওঁ অম্বাক প্ৰত্যাখ্যান কৰিছিল। উপায়ন্তৰ হৈ তেওঁ তেতিয়া ভীষ্মৰ কাষ চাপি ভীষ্মকে বিয়া পাতিবলৈ অনুৰোধ কৰে। ব্ৰহ্মচাৰ্যৰ ব্ৰতৰ বাবে ভীষ্মই তেওঁক অস্বীকাৰ কৰিছিল। ইয়াৰ ফলত অম্বা অধিক ক্ষুব্ধ হৈ পৰে আৰু ইয়াৰ প্ৰতিশোধৰ বাবে উদ্যত হয় আৰু বিভিন্ন ৰাজ্যৰ ৰজাক ভীষ্মৰ প্ৰতিশোধ ল'বলৈ আহ্বান জনায়, কিন্তু সকলোৱে ভীষ্মৰ বল-বিদ্যাৰ প্ৰতি জ্ঞাত হোৱা হেতু অম্বাক সহায় কৰাৰ পৰা বিৰত থাকে। অৱশেষত, তেওঁ দেৱতাসকলক সন্তুষ্ট কৰিবলৈ তপস্যাৰ বাবে অৰণ্যলৈ গৈছিল যাতে তেওঁ ভীষ্মৰ ওপৰত প্ৰতিশোধ ল'ব পাৰে। অম্বাৰ তপস্যা আৰু বৰলাভ অম্বা ভীষ্মবধৰ দৃঢ়সংকল্প লৈ শিৱক ধ্যান কৰি তপস্যা আৰম্ভ কৰে। তেওঁৰ তপস্যাত সন্তুষ্ট হৈ মহাদেবে বৰ দিলে যে "তুমি জন্মান্তৰে দ্ৰুপদ গৃহত ক্লীবৰূপে জন্ম হৈ ভীষ্ম বধৰ কাৰণ হ'বা।" এই বৰ লাভ কৰি অম্বাই চিতাগ্নিতে প্ৰাণ ত্যাগ কৰে। পৰজন্মত অম্বা প্ৰথমে দ্ৰুপদ কন্যা শিখণ্ডিনী হৈ জন্ম লভে আৰু স্থুণাকৰ্ণ নামে এক যক্ষৰ সৈতে লিঙ্গ বিনিময় কৰি পুৰুষ হয়। অম্বাৰ ইচ্ছাপূৰণ কুৰুক্ষেত্ৰৰ যুদ্ধত ভীষ্মবধৰ হেতু অৰ্জুনে কৃষ্ণৰ পৰামৰ্শমতে শিখণ্ডীক নিজৰ ৰথেৰ সমুখত ৰাখি ভীষ্মৰ সম্মুখীন হয়। ভীষ্মৰ প্ৰতিজ্ঞা আছিল যে নপুংসক দেখিলে তেওঁ অস্ত্ৰ ত্যাগ কৰিব। সেয়ে তেওঁ কুৰুক্ষেত্ৰত ৰণৰ থলিত নিজৰ সমুখত শিখণ্ডীক দেখি অস্ত্ৰ ত্যাগ কৰে আৰু অৰ্জুনৰ শৰত শৰশয্যাত মৃতকল্প হৈ পৰি থাকে। তথ্যসূত্ৰ মহাভাৰতৰ
76941
https://as.wikipedia.org/wiki/%E0%A6%A4%E0%A7%81%E0%A6%B2%E0%A6%B8%E0%A7%80%20%E0%A6%97%E0%A7%8C%E0%A6%A1%E0%A6%BC%E0%A6%BE
তুলসী গৌড়া
তুলসী গৌড়া হৈছে কৰ্ণাটক ৰাজ্যৰ অন্তৰ্গত উত্তৰ কানাড়া জিলাৰ হোন্নালী গাঁৱৰ এগৰাকী ভাৰতীয় পৰিৱেশকৰ্মী৷ তেখেতে ১০,০০০ জোপাতকৈও অধিক বৃক্ষপুলি ৰোপণৰ লগতে বন বিভাগৰ নাৰ্ছাৰীসমূহ প্ৰতিপালনৰ দায়িত্বও পালন কৰিছে ৷ কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ তুলসী গৌড়াই পৰিৱেশৰ সুৰক্ষালৈ অনবদ্য বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে৷ ভাৰত চৰকাৰৰ উপৰি অন্যান্য সংস্থাই তেখেতৰ এই কৰ্মক সন্মান জনাই বিভিন্ন সময়ত স্বীকৃতি প্ৰদান কৰিছে ৷ তুলসী গৌড়া 'বননিৰ বিশ্বকোষ' বা 'এনচাইক্লোপেডিয়া অৱ ফৰেষ্ট' হিচাপে পৰিচিত৷ ২০২১ বৰ্ষৰ ৮ নৱেম্বৰ তাৰিখে ভাৰত চৰকাৰে তেখেতক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে ৷ প্ৰাৰম্ভিক জীৱন ১৯৪৪ চনত হাক্কালী নামৰ এটি জনজাতীয় পৰিয়ালত তুলসী গৌড়াৰ জন্ম হয়৷ কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাত অৱস্থিত গ্ৰাম্য আৰু নগৰীয়া ক্ষেত্ৰৰ মধ্যবিন্দুত থকা হোন্নালী গাঁৱৰ এক আৱাসস্থলী আছিল তেখেতৰ জন্মস্থান ৷কৰ্ণাটক হৈছে দক্ষিণ ভাৰতৰ এখন ৰাজ্য, যি পৰিৱেশ-পৰ্যটনৰ বাবে জনাজাত৷ কৰ্ণাটকত পাঁচখন ৰাষ্ট্ৰীয় উদ্যান আৰু পছিশখনতকৈও অধিক বন্যপ্ৰাণী অভয়াৰণ্য আছে ৷ তুলসী গৌড়াৰ নামৰ প্ৰথমটো শব্দ প্ৰকৃতিৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্কিত আৰু শব্দটো তুলসী নাইবা সী নামৰ কানাড়া শব্দৰ পৰা লোৱা হৈছে ৷ ইয়াৰ অৰ্থ হৈছে হিন্দু ধৰ্মৰ পবিত্ৰ তুলসী গছ, )৷ এটি দৰিদ্ৰ পৰিয়ালত তুলসী গৌড়াৰ জন্ম হৈছিল৷ দুবছৰ বয়সত তেখেতে পিতৃক হেৰুৱায় ৷ ইয়াৰ বাবে তেখেতে মাতৃৰ লগত এখন স্থানীয় নাৰ্চাৰীত শ্ৰমিক হিচাপে খুব সৰুৰেপৰাই কাম কৰিবলগা হৈছিল৷ ফলত পঢ়া-শুনা কৰাত বাধা আহি পৰিছিল৷ সেইকাৰণে তুলসী গৌড়া অশিক্ষিত হৈ থাকে৷ তেওঁলোকৰ জনজাতিৰ ভাষা হৈছে কানাড়া ৷ ইয়াৰ এটা অল্প-পৰিচিত নাম হৈছে-কানাৰিছ৷ কিশোৰী অৱস্থাতে তুলসী গৌড়াক বয়সত ডাঙৰ এজন ব্যক্তি গোৱিন্দে গৌড়াৰ লগত বিবাহ সম্পন্ন কৰোৱা হয়৷ তেতিয়া তেখেতৰ আনুমানিক বয়স আছিল দহ বা বাৰ৷ তেখেতে পঞ্চাছ বছৰ অতিক্ৰম কৰাৰ কেইবছৰ মানৰ পাছতে স্বামীৰ দেহাৱসান ঘটে৷ নাৰ্চাৰীত তুলসী গৌড়াক বৃক্ষপুলিৰ পৰিচৰ্যা কৰাৰ দায়িত্ব দিয়া হৈছিল৷ পাছত এইবোৰ পুলিক কৰ্ণাটকৰ বন বিভাগৰ অধীনত বিকাশ আৰু ফচল সংগ্ৰহ কৰা হৈছিল৷ আগাছুৰ বীজশয্যাৰ অংশ হ'বলগীয়া পুলিবোৰৰ তেখেতে বিশেষভাৱে যত্ন লৈছিল৷ মাতৃৰ লগত তুলসী গৌড়াই দৈনিক হাজিৰা কৰ্মী হিচাপে পয়ত্ৰিছ বছৰ ধৰি কাম কৰিছিল ৷ ইয়াৰ পাছতহে সংৰক্ষণ আৰু উদ্ভিদ বিজ্ঞানৰ প্ৰতি থকা অগাধ জ্ঞানৰ স্বীকৃতিস্বৰূপে তেখেতক এটা স্থায়ী পদ প্ৰদান কৰা হৈছিল ৷ সত্তৰ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰাৰ পূৰ্বে সেই স্থায়ী পদটোত তেখেতে পোন্ধৰ বছৰতকৈও অধিক কাল কাম কৰে ৷ নাৰ্ছাৰীত কটোৱা এই দীৰ্ঘকালীন সময়ছোৱাত, তুলসী গৌড়াই বৃক্ষৰোপনৰ হকে বন বিভাগৰ লগত প্ৰত্যক্ষভাৱে কাম কৰে আৰু অভিজ্ঞতাৰ জৰিয়তে লাভ কৰা পৰম্পৰাগত জ্ঞানৰ জৰিয়তে অৱদান আগবঢ়ায় ৷ জ্ঞান পৰিৱেশবিদসকলে তুলসী গৌড়াক "বনানিৰ বিশ্বকোষ" বুলি অভিহিত কৰিছে ৷ আনহাতে জনজাতীয় লোকৰ মাজত তুলসী "বৃক্ষ দেৱী" হিচাপে পৰিচিত ৷ বনাঞ্চল আৰু বনাঞ্চলত বিকশিত হোৱা বৃক্ষ সম্বন্ধে তুলসীৰ বিস্তৃত জ্ঞান আছে ৷ তাৰবাবেই তেখেতক এই দুয়োটা নাম দিয়া হৈছে ৷ গছৰ প্ৰতিটো প্ৰজাতিৰেই মাতৃ বৃক্ষজোপা চিনাক্ত কৰাৰ এক বিশেষ দক্ষতাৰ অধিকাৰিনী তুলসী গৌড়া; লাগিলে গছজোপাৰ স্থান য'তেই নহওক কিয় ৷ অৰণ্যত থকা মাতৃ বৃক্ষজোপাই ইয়াৰ আকাৰ আৰু বয়সৰ বাবে বিশিষ্টতা লাভ কৰে আৰু ইয়াৰ লগতেই অৰণ্যৰ সৰ্বাধিকসংখ্যক বৃক্ষবিন্দু সংযুক্ত হৈ থাকে ৷ মাটিৰ তলত থকা এই বিন্দু )বোৰৰ জৰিয়তে মাতৃবৃক্ষৰ লগত পুলিবোৰে সংযোগ স্থাপন কৰে আৰু নাইট্ৰ'জেন আৰু অন্যান্য পৰিপুষ্টিৰ যোগান ধৰে ৷ বীজ সংগ্ৰহৰ ক্ষেত্ৰত তুলসী গৌড়াই উৎকৃষ্টতা অৰ্জন কৰিছে ৷ বৃক্ষৰ প্ৰজাতিৰ পুনৰ সৃষ্টি আৰু পুনৰ বৃদ্ধি কৰিবলৈ মাতৃবৃক্ষৰ পৰা বীজ আহৰণ কৰাটোৱেই হৈছে বীজ সংগ্ৰহৰ উদ্দেশ্য৷ এইটো এটা অতি কঠিন প্ৰক্ৰিয়া৷ কিয়নো পুলিবোৰ জীয়াই থকাটো নিশ্চিত কৰিবলৈ মাতৃবৃক্ষৰ পৰা গজালি ওলাবলৈ ধৰা শীৰ্ষতম সময়তে বীজ সংগ্ৰহ কৰিব লাগিব, আৰু গৌড়াই এই সময়ৰ আগমন সম্বন্ধে সম্পূৰ্ণ জ্ঞাত৷ অৰণ্য সম্বন্ধে এনে বিস্তৃত জ্ঞান তুলসী গৌড়াই কিদৰে আহৰণ কৰিলে-সেইটো এটা কৌতূহলোদ্দীপক প্ৰশ্ন ৷ ইয়াৰ ব্যাখ্যা আগবঢ়োৱাটো তেখেতৰ পক্ষে সম্ভৱ নহ'ব বুলি জানিবলৈ দিয়ে৷ তেখেতৰ মতে, তেখেত বোধহয় অৰণ্যৰ ভাষা বুজি পোৱাকৈ সক্ষম৷ উল্লেখনীয় যে, তুলসী গৌড়াৰ 'হাল্লাকী ভোক্কালিগা' জনজাতিৰ এটা বৰ গভীৰ ঐতিহ্য আছে৷ তেওঁলোকে মাতৃত্ব আৰু প্ৰকৃতিৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখে আৰু ভূপৃষ্ঠৰ পৰিচৰ্যাকাৰীৰ দায়িত্ব পালন কৰে ৷ উত্তৰসুৰী তুলসী গৌড়াই কৰ্ণাটকত নিজা উদ্যোগত এক লাখ বৃক্ষৰ পুলি ৰোপন কৰিছে ৷ এই অৱদানসমূহে তেখেতৰ সমূদায়তো প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ উত্তৰ কানাড়া জিলাৰ নাগৰাজা গৌড়াই হালাক্কী জনজাতিৰ হকে কাম কৰে ৷ তেখেতৰ মতে,তুলসী তেওঁলোকৰ বাবে গৌৰৱ৷ য়েলাপ্পা ৰেড্ডী হৈছে এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া৷ তেখেতেও তুলসী গৌড়াৰ অতুলনীয় কৰ্মক প্ৰশংসা কৰি মন্তব্য কৰিছে যে-তুলসী গৌড়াই তিনিশতাধিক ঔষধী গছ চিনাক্ত কৰিছে আৰু ৰোপন কৰিছে যাৰ জৰিয়তে গাঁৱৰ ব্যাধিগ্ৰস্ত লোকৰ চিকিৎসা কৰাত সুবিধা হৈছে ৷ কৰ্ণাটক বন বিভাগৰ পৰা অৱসৰ লৈছে যদিও তুলসী গৌড়াই জীৱনৰ অৱশিষ্ট সময়খিনি গাঁৱৰ শিশু-কিশোৰক বনানিৰ গুৰুত্ব বুজাবলৈ ব্যৱহাৰ কৰিছে ৷ ইয়াৰ লগতে পুলি আহৰণ আৰু পৰিচৰ্যাকৰণো তেখেতে শিশুহঁতক শিকাইছে ৷ পৰিৱেশ-কৰ্মৰ লগতে তুলসী গৌড়াই নিজৰ গাঁৱত নাৰীৰ অধিকাৰ সম্বন্ধে মাত মাতি আহিছে৷ এগৰাকী হালাক্কি মহিলাক যেতিয়া বিবাদৰ পিছত বন্দুকৰে ভাবুকি দিয়া হৈছিল, তেতিয়া গৌড়াই তেওঁক সহায় কৰিবলৈ গৈ কৈছিল যে-"অপৰাধীক শাস্তি নিদিলে তীব্ৰ প্ৰতিবাদ কৰিম।" স্বীকৃতি কৰ্ণাটক বন বিভাগত দীৰ্ঘকাল সেৱা আগবঢ়োৱা তুলসী গৌড়াই বৃক্ষপুলি বিকাশ আৰু সংৰক্ষণৰ বাবে অনেক বঁটা আৰু সন্মান লাভ কৰিছে ৷ ১৯৮৬ চনত তুলসীয়ে ইন্দিৰা প্ৰিয়দৰ্শিনী বৃক্ষমিত্ৰ বঁটা লাভ কৰে ৷ এই বঁটাক বঁটা বুলিও কোৱা হয় ৷ বনানীকৰণ আৰু পতিতভূমি বিকাশৰ ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ব্যক্তিবিশেষ আৰু প্ৰতিষ্ঠানলৈ এই বঁটা আগবঢ়োৱা হয় ৷ পৰিৱেশ আৰু বন মন্ত্ৰণালয়ৰদ্বাৰা উক্ত বঁটা ১৯৮৬ চনত প্ৰৱৰ্তন কৰা হৈছিল আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে ৭টা ভিন্ন শিতানত এই বঁটা প্ৰদান কৰা হয় ৷ ১৯৯৯ চনত তুলসী গৌড়াক কৰ্ণাটক ৰাজ্যোৎসৱা বঁটা প্ৰদান কৰা হয় ৷ এয়া হৈছে কৰ্ণাটক ৰাজ্য চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান৷ এই বঁটাত এটি সোণৰ পদক আৰু দহলাখ ধনৰাশি আগবঢ়োৱা হয় ৷ ২০২০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে তুলসী গৌড়ালৈ সন্মানীয় পদ্মশ্ৰী বঁটা ঘোষণা কৰে৷ বঁটা গ্ৰহণ কৰি তুলসী গৌড়াই নিজৰ উদ্দেশ্য পুনৰ প্ৰতিষ্ঠিত কৰি কয় যে-''বঁটা গ্ৰহণ কৰি মই আহ্লাদিত, কিন্তু বনানি আৰু বৃক্ষৰ মূল্যক মই অগ্ৰাধিকাৰ দিওঁ৷" তথ্যসূত্ৰ পদ্মশ্ৰী বঁটা বিজয়ী ভাৰতৰ ব্যক্তি পৰিৱেশ
86000
https://as.wikipedia.org/wiki/%E0%A6%8B%E0%A6%A4%E0%A7%81%E0%A6%B8%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A7%B1%E0%A7%B0%20%E0%A6%B8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%AC%E0%A6%AF%E0%A6%BC
ঋতুস্ৰাৱৰ সমন্বয়
ঋতুস্ৰাৱৰ সমন্বয় যাক মেকক্লিনটক প্ৰভাৱ বা ৱেলেছলি প্ৰভাৱ বুলিও কোৱা হয়, হৈছে এক প্ৰতিদ্বন্দ্বিতামূলক প্ৰক্ৰিয়া য'ত যিসকল মহিলাই ওচৰা-ওচৰিকৈ বা একেলগে থাকিবলৈ আৰম্ভ কৰে তেওঁলোকে তেওঁলোকৰ ঋতুচক্ৰৰ আৰম্ভণিৰ ক্ষেত্ৰত পূৰ্বৰ পৃথককৈ থকাৰ তুলনাত অধিক সমন্বয়ৰ অভিজ্ঞতা লাভ কৰে। "উদাহৰণস্বৰূপে, গ্ৰীষ্মৰ আৰম্ভণিতে সাতগৰাকী মহিলা লাইফগাৰ্ডৰ আৰম্ভণিৰ বিতৰণ ভিন্ন-ভিন্ন হৈ আছিল, কিন্তু ৩ মাহ একেলগে কটোৱাৰ পিছত প্ৰতিগৰাকীৰ এই সাতটা চক্ৰৰ আৰম্ভণি ৪ দিনৰ ভিতৰত কমি যায়।" ১৯৭১ চনত নেচাৰত প্ৰকাশিত মাৰ্থা মেকক্লিনটকৰ গৱেষণা পত্ৰত কোৱা হৈছে যে ঋতুচক্ৰৰ সমন্বয় ঘটে যেতিয়া দুগৰাকী বা তাতকৈ অধিক মহিলাৰ ঋতুচক্ৰৰ আৰম্ভণি আগৰ তুলনাত সময়ৰ লগে লগে কেইবামাহো একেলগে ওচৰ চাপি যায়। প্ৰাৰম্ভিক অধ্যয়নৰ পিছত মেকক্লিনটকৰ অধ্যয়নকে ধৰি ঋতুস্ৰাৱৰ সমন্বয়ৰ ৰিপৰ্ট দিয়া অধ্যয়নত পদ্ধতিগত ত্ৰুটিৰ কথা উল্লেখ কৰি কেইবাখনো গৱেষণা পত্ৰ প্ৰকাশ কৰা হৈছিল। ইয়াৰ উপৰিও আন আন গৱেষণা প্ৰকাশ পাইছিল যিয়ে সমন্বয় বিচাৰি উলিয়াব পৰা নাছিল। প্ৰস্তাৱিত ব্যৱস্থাসমূহেও বৈজ্ঞানিক সমালোচনা লাভ কৰিছে। ২০০৬ আৰু ২০১৩ চনৰ পৰ্যালোচনাৰ সিদ্ধান্ত অনুসৰি ঋতুস্ৰাৱৰ সমন্বয় সম্ভৱতঃ নাই। অৱলোকন মাৰ্থা মেকক্লিনটকৰ মূল অধ্যয়ন মাৰ্থা মেকক্লিণ্টকে আমেৰিকাৰ মেছাচুচেটছৰ মহিলা লিবাৰেল আৰ্টচ কলেজ ৱেলেছলি কলেজৰ ছাত্ৰীবাসত একেলগে বাস কৰা মহিলাসকলৰ মাজত ঋতুস্ৰাৱৰ সমন্বয়ৰ ওপৰত প্ৰথম অধ্যয়ন প্ৰকাশ কৰিছিল। প্ৰস্তাৱিত কাৰণসমূহ মেকক্লিনটকে অনুমান কৰিছিল যে ফেৰ'মনে ঋতুচক্ৰৰ সমন্বয়ৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে এই প্ৰস্তাৱত চান্দ্ৰ মাহ পৰ্যায়ৰ সৈতেও সমন্বয় থাকিব পাৰে বুলি উল্লেখ কৰিছিল। মেকক্লিনটকৰ ফলাফলৰ প্ৰতিলিপি কৰাৰ প্ৰচেষ্টা কোনো বৈজ্ঞানিক প্ৰমাণে চান্দ্ৰ মাহৰ অনুমানক সমৰ্থন নকৰে, ইয়াৰোপৰি ফেৰ'মন ব্যৱস্থাৰ ওপৰতো সন্দেহ কৰা হৈছে। বৈজ্ঞান ভিত্তিক সাহিত্যত ঋতুস্ৰাৱৰ সমন্বয়ৰ উল্লেখ কৰা প্ৰাৰম্ভিক অধ্যয়নসমূহ প্ৰকাশ হ'বলৈ আৰম্ভ কৰাৰ পিছত আন গৱেষকসকলে ঋতুস্ৰাৱৰ সমন্বয় বিচাৰি পোৱাত ব্যৰ্থ হোৱাৰ কথা উল্লেখ কৰিবলৈ আৰম্ভ কৰে। এই অধ্যয়নসমূহৰ পিছত প্ৰাৰম্ভিক অধ্যয়নত ব্যৱহৃত পদ্ধতিসমূহৰ সমালোচনা কৰা হয়, যিয়ে যুক্তি আগবঢ়াই যে, ব্যৱহৃত পদ্ধতিসমূহৰ পক্ষপাতিত্বই ঋতুস্ৰাৱৰ সমন্বয়ক এটা কৃত্ৰিমতা হিচাপে উপস্থাপন কৰে। এই পদ্ধতিগত সমালোচনাৰ কিছুমানৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়া অধ্যয়নসমূহে ঋতুস্ৰাৱৰ সমন্বয় বিচাৰি উলিয়াব পৰা নাই। পৰিভাষা এই অৱস্থাটোক বুজাবলৈ ব্যৱহাৰ কৰা সমন্বয় শব্দটো বিভ্ৰান্তিকৰ বুলি যুক্তি দিয়া হৈছে কাৰণ কোনো অধ্যয়নে কেতিয়াও ঋতুচক্ৰ কঠোৰভাৱে সামঞ্জস্যপূৰ্ণ হোৱা বুলি পোৱা নাই, তথাপিও ঋতুচক্ৰৰ সমন্বয়ক সময়ৰ লগে লগে ইটোৱে সিটোৰ ওচৰ চাপি অহাৰ পৰিঘটনাক বুজাবলৈ ব্যৱহাৰ কৰা হয়। অনুমানৰ অৱস্থা ২০১৩ চনত ঋতুস্ৰাৱৰ সমন্বয়ৰ এক পদ্ধতিগত পৰ্যালোচনাত হেৰিছ আৰু ভিট্জথামে এই সিদ্ধান্তত উপনীত হয়, "এম এছ ঋতুস্ৰাৱৰ সমন্বয় চেন্সু ষ্ট্ৰিক্টোৰ অভিজ্ঞতাভিত্তিক প্ৰমাণৰ অভাৱৰ বাবে এই ধাৰণাটো গ্ৰহণ কৰাতকৈ অধিক ব্যাপক ভাৱে সন্দেহ থকা উচিত যেন লাগে" (পৃষ্ঠা ২৩৮ –২৩৯)। সমন্বয়ৰ অভিজ্ঞতা এনে এক গাণিতিক সত্যৰ ফল হ'ব পাৰে যে বিভিন্ন কম্পাঙ্ক ঋতুচক্ৰসমূহ সময়ৰ লগে লগে বাৰে বাৰে অভিসৰণ আৰু বিচ্ছিন্ন হয় যিটো নেকি সমন্বয়ৰ প্ৰক্ৰিয়াৰ বাবে নহয়, আৰু আকস্মিকভাৱে এনে ওপৰা-উপৰি হোৱাৰ সম্ভাৱনা অধিক। বিৱৰ্তনশীল দৃষ্টিভংগী ঋতুস্ৰাৱৰ সমন্বয় অভিযোজিত হ'ব নে নহয় সেই সম্পৰ্কে গৱেষকসকলৰ মাজত মতভেদ আছে। মেকক্লিণ্টকে মত প্ৰকাশ কৰিছে যে ঋতুস্ৰাৱৰ সমন্বয় অভিযোজিত নহ'বও পাৰে বৰঞ্চ এপিফেন'মেননেল হ'ব পাৰে, যাৰ কোনো জৈৱিক প্ৰমাণ পোৱা হোৱা নাই। অভিযোজিত কাৰ্য্যৰ ধাৰণা কৰাসকলে আগবঢ়োৱা এটা যুক্তি হ’ল যে- ঋতুস্ৰাৱৰ সমন্বয় প্ৰজনন সমন্বয়ৰ খুব বেছি সাধাৰণ পৰিঘটনাৰ এটা বিশেষ দিশহে, যিটো বন্যপ্ৰাণীৰ জনসংখ্যা অধ্যয়ন কৰা পৰিৱেশবিদসকলৰ বাবে এটা পৰিচিত পৰিঘটনা। ঋতুভিত্তিক হওক, জোৱাৰ-ভাটাৰ বা চন্দ্ৰৰ হওক, প্ৰজনন সমন্বয় এটা তুলনামূলকভাৱে সাধাৰণ ব্যৱস্থা যাৰ জৰিয়তে সহ-চক্ৰীয় স্ত্ৰীলিংগই স্থানীয় প্ৰজনন ব্যৱস্থাত অন্তৰ্ভুক্ত পুঙৰ সংখ্যা বৃদ্ধি কৰিব পাৰে। ইয়াৰ বিপৰীতে এইটো যুক্তি দিয়া হৈছে যে যদিহে বহুসংখ্যক স্ত্ৰীলিংগৰ ঋতু চক্ৰৰ সমন্বয়ৰ সংখ্যা বেছি হয় তেন্তে তেওঁলোকে উচ্চমানৰ পুৰুষৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব; উচ্চমানৰ সংগীৰ বাবে স্ত্ৰী-স্ত্ৰীৰ মাজত প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু তাৰ ফলত স্বাস্থ্যৰ অৱনতি ঘটিব। এনে ক্ষেত্ৰত নিৰ্বাচন সমন্বয় এৰাই চলাৰ অনুকূল হ'ব লাগে। নিয়াণ্ডাৰথেলৰ প্ৰজনন কৌশলক আধুনিক হোমো চেপিয়েন্সৰ পৰা পৃথক কৰা বিচ্ছিন্ন জলবায়ু ব্যৱস্থাসমূহ শেহতীয়াকৈ এই শব্দৰে বিশ্লেষণ কৰা হৈছে। বিৱৰ্তনৰ অতীতলৈ ঘূৰি চালে জৈৱিক ক্ষমতাৰ এটা সম্ভাৱ্য অভিযোজিত ভিত্তি হ'ব প্ৰজননৰ লেবেলিং কৰা: প্ৰাইমেটৰ মাজত যিকোনো প্ৰাকৃতিক ঘড়ীৰ সৈতে সমন্বয়ৰ ফলত আলফা মতাৰ বাবে একাধিক মাইকীৰ সৈতে উৰ্বৰ যৌন সম্পৰ্কক একচেটিয়া কৰাটো কঠিন হৈ পৰে। এইটো বৰ্তমানৰ নন-ষ্ট'ৰে চিকাৰী-সংগ্ৰাহক সমাজৰ আকৰ্ষণীয় লিংগ সমতাবাদৰ সৈতে সামঞ্জস্যপূৰ্ণ হ'ব। একেলগে বাস কৰাসকলে প্ৰকৃততে তেওঁলোকৰ ঋতুচক্ৰৰ সমন্বয় সাধন কৰে নেকি এই প্ৰশ্নটোৱে জনপ্ৰিয় সংবাদ মাধ্যমতো চৰ্চা লাভ কৰিছে। পৌৰাণিক কল্পনা আৰু পৰম্পৰা ঋতুস্ৰাৱৰ বহল মহাজাগতিক ছন্দৰ সৈতে মিল আছে বা আদৰ্শগতভাৱে হ’ব লাগে এই ধাৰণাটো সমগ্ৰ বিশ্বৰ পৰম্পৰাগত সম্প্ৰদায়ৰ এক 'মিথ' আৰু আচাৰ-অনুষ্ঠানৰ কেন্দ্ৰীয় অন্যতম দৃঢ় ধাৰণা। কালাহাৰীৰ! কুং চিকাৰী-সংগ্ৰাহকসকলে বিশ্বাস কৰে যে "যদি কোনো মহিলাই আন এগৰাকী মহিলাৰ ভৰিত ঋতুস্ৰাৱৰ তেজৰ লেখ-জোখ দেখা পায় বা আনকি আন এগৰাকী মহিলাৰ মাহেকীয়া আৰম্ভ হৈছে বুলিও কোৱা হয়, তেন্তে তেওঁৰ ঋতুস্ৰাৱ আৰম্ভ হ'ব। উত্তৰ-পশ্চিম কেলিফৰ্ণিয়াৰ ইউৰক জনগোষ্ঠীৰ মাজত এটা নৃতাত্ত্বিক অধ্যয়নৰ মতে, "এখন ঘৰৰ যৌৱন প্ৰাপ্ত মহিলাৰ যিসকল গৰ্ভৱতী নাছিল, তেওঁলোকৰ সকলোৰে একে সময়তে ঋতুস্ৰাৱ হৈছিল...।" বৈজ্ঞানিক বিৱৰণ ঋতুস্ৰাৱৰ সমন্বয়ৰ পৰিঘটনা হ'ল দুগৰাকী বা তাতকৈ অধিক মহিলাৰ ঋতুচক্ৰ আৰম্ভ হোৱা সময়ৰ ঘনিষ্ঠতা। ঋতুচক্ৰ আৰম্ভ হোৱাৰ অৰ্থত এই পৰিঘটনা অৱশ্যে প্ৰকৃততে সমন্বয় নহয়। 'ঋতুচক্ৰৰ সমন্বয়' অভিধাটো এতিয়াও হয়তো বিভ্ৰান্তিকৰভাৱে ব্যৱহাৰ হৈ আহিছে। মাৰ্থা মেকক্লিনটকে ঋতুস্ৰাৱৰ সমন্বয়ৰ ওপৰত কৰা অধ্যয়ন, প্ৰথম প্ৰকাশিত অধ্যয়ন। তেওঁৰ প্ৰতিবেদনত ৱেলেছলি কলেজৰ ছাত্ৰাবাসত বাস কৰা স্নাতক মহিলাসকলৰ ঋতুস্ৰাৱৰ সমন্বয়ৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে। তেতিয়াৰ পৰাই তেওঁৰ তথ্যৰ প্ৰতিলিপি কৰাৰ চেষ্টা কৰা হৈছে আৰু সমন্বয় কি পৰিস্থিতিত ঘটে,(যদি আছে) সেইটো নিৰ্ণয় কৰাৰ চেষ্টা কৰা হৈছে। তেওঁৰ কামৰ পিছত ঋতুস্ৰাৱৰ সমন্বয়ৰ ৰিপৰ্ট দিয়া অধ্যয়নসমূহে আৰু অন্যান্য অধ্যয়নসমূহে সমন্বয় বিচাৰি নাপালে। এইদৰে ১৯৮০ চনৰ পৰা ২০০০ চনৰ মাজভাগলৈকে কেইবাটাও অধ্যয়ন প্ৰকাশ পাইছিল, য’ত কলেজীয়া মহিলাসকলৰ ঋতুস্ৰাৱৰ সমন্বয়ৰ প্ৰতিলিপিকৰণৰ চেষ্টা কৰা হৈছিল, ঋতুস্ৰাৱৰ সমন্বয়ৰ পৰিস্থিতি নিৰ্ণয় কৰা হৈছিল আৰু এই অধ্যয়নসমূহ প্ৰকাশ পোৱাৰ লগে লগে উত্থাপিত হোৱা পদ্ধতিগত বিষয়সমূহৰ সমাধান কৰা হৈছিল। তথ্যসূত্ৰ প্ৰাণী আচৰণ
4353
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0%20%E0%A6%AC%E0%A6%A8%E0%A7%8C%E0%A6%B7%E0%A6%A7%E0%A6%BF
অসমৰ বনৌষধি
অসমৰ হাবি-বন, বাৰী আদিতো নানা ধৰণৰ বনৌষধি পোৱা যায়। প্ৰাথমিক চিকিৎসা হিচাপে অসমৰ বিভিন্ন স্থানৰ মানুহ, এই বনৌষধি বিলাকৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। বনৌষধি সমূহৰ পাৰ্শক্ৰিয়া কম। পৃথিৱীৰ ২,৫০,০০০ বিধ উচ্চ উদ্ভিদৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধিযুক্ত। পৃথিৱীৰ প্ৰায়বোৰ দেশতে এইবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰতেই প্ৰতিষ্ঠিত। এই বিশ্বাস এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ লিখিত বা মৌখিকভাৱে হস্তান্তৰ হৈ আহিছে। চীনাসকলেই প্ৰথমে ঔষধি উদ্ভিদৰ উপকাৰিতাৰ সদ্ব্যৱহাৰ জানিছিল আৰু এই বিষয়ে অধ্যয়ন কৰিছিল। ভাৰততো প্ৰায় ৫,০০০ বছৰৰ পূৰ্বৰপৰাই বেমাৰৰ চিকিৎসাৰ ক্ষেত্ৰত উদ্ভিদৰ ব্যৱহাৰ হৈ আহিছে। প্ৰায় ৮,০০০ বিধ উদ্ভিদৰপৰা তৈয়াৰী আৰোগ্য আয়ুৰ্বেদীয় পদ্ধতিত কৰা হৈছে আৰু এইবোৰৰ ব্যৱহাৰ বৰ্তমানলৈকে চলি আছে। তেজমুই তেজমুই তেজমুই হৈছে লতাচানেকীয়া এজোপা কাঁইটীয়া গছ। ঔষধি গুণঃ (১) ইয়াৰ ঠাৰিৰে দাঁত মাজিলে দাঁত ভালে থাকে। (2) কষ্টকৰ ঋতুস্ৰাৱ বা বাধক বেদনা উপশম কৰিবলৈ তেজমুই ছালৰ ৰসৰ লগত মৌ মিহলি কৰি খাব লাগে। (৩) ফেৰেণজাইটিচ হ'লে ইয়াৰ ছালৰ ৰসেৰে কুলকুলি কৰিলে ভাল মধুসোলেং ঔষধি গুণঃ ডিচেণ্ট্ৰি, পেটৰ জ্বলা-পোৰা, চৰ্দিজনিত ডিঙিৰ বিষ আদি ৰোগৰ ঔষধি হিচাপে ব্যৱহাৰ কৰে। টেঙেচি টেঙেচি টেঙেচি এবিধ মাটিত বগাই যোৱা তৃণজাতীয় উদ্ভিদ। ই সাধাৰণতে জেকা বালিচহীয়া মাটিত হয়। ঔষধি গুণঃ (১)টেঙেচি বটি হোৱা ঠাইত লগালে সুফল পোৱা যায়। (২)টেঙেচি পাতত দি খালে স্মৃতিশক্তি প্ৰখৰ হয়। (৩)চিকাই কামুৰিলে টেঙেচিৰ ৰস খাব লাগে। (৪)টেঙেচিৰ ৰসে স্নায়ু সবল কৰে। (৫)গ্ৰহণী, কুষ্ঠ ৰোগত ই সুপথ্য। চালকুঁৱৰী চালকুঁৱৰী (বৈজ্ঞানিক নাম চালকুঁৱৰী সাধাৰণতে শুকান আৰু উষ্ণ অঞ্চলত জন্মা এবিধ ৰসাল গা-গছৰ ঔষধি গছ। যিকোনো ধৰণৰ টাব অথবা মাটিৰ পাত্ৰত ই সহজে হয়। ঔষধি গুণঃ চালকুঁৱৰী মানুহৰ বিভিন্ন প্ৰকাৰৰ উদৰ ৰোগ মূত্ৰদোষ, শুক্ৰ দোষ, কৃমি আদি বেমাৰত ব্যৱহাৰ কৰা হয়। টাইফয়ড, নিউমোনিয়া আদিত জ্বৰৰ প্ৰকোপ কমাবলৈ চালকুঁৱৰী বটি মূৰত ভৰণ হিচাবে দিয়া হয়। অৰ্শ, জুয়ে পোৰা মোচোকা খোৱা আদিতো চালকুঁৱৰী বটি প্ৰলেপ দিলে যথেষ্ট উপশম হয়। উচ্চ ৰক্তচাপ, বায়ুৰোগ আৰু মূৰৰ বিষতো চালকুঁৱৰীৰ প্ৰলেপ দিলে উপকাৰ হয়। বিভিন্ন প্ৰকাৰৰ ছালৰ ৰোগ যেনে আৰ্দ্ৰতা,শালমইনা,সূৰ্যৰ প্ৰভাৱত ছাল আদিত চালকুঁৱৰীৰ ৰস সানিলে ভাল ফল পোৱা যায়। শেৱালি শেৱালি শেৱালি এবিধ ৰাতি ফুলা ফুল। ইয়াৰ ফুলবোৰ ৰাতি ফুলে আৰু ৰাতিপুৱা সৰি পৰে। সৰা ফুল সাধাৰণতে পূজাত ব্যৱহাৰ নহয়, কিন্তু শেৱালি ফুল পূজাত ব্যৱহাৰ হয়। ই এক সুগন্ধি ফুল। ঔষধি গুণঃ (১)টকৌৱে খোৱা ৰোগত ইয়াৰ গুটি পিহি লগাব লাগে। (২)জ্বৰ, কাঁহ আদিৰ বাবে ইয়াৰ পাতৰ ৰস উপকাৰী। (৩)ইয়াৰ পাত আৰু ফুলৰ ৰস ক্ৰীমিনাশক। তুলসী তুলসী তুলসী ভাৰতৰ প্ৰসিদ্ধ আৰু পবিত্ৰ গছ। ক'লা আৰু বগা দুটা জাতৰ তুলসী সাধাৰণতে দেখিবলৈ পোৱা যায়। ঔষধি গুণঃ (১) তুলসী পাতৰ তেল বীজাণু আৰু কীট-পতংগ নাশক। (২)পাতৰ ৰস ব্ৰনকাইটিছ, সৰ্দি, কাঁহ আৰু অজীৰ্ণতাৰ বাবে উপকাৰী। (৩)বিহ খালে, বিহৰ প্ৰকোপ কমাবলৈ পেট ভৰাই তুলসীৰ ৰস খুৱাব লাগে। (৪) অণ্ডকোষ টনটনালে বা তেজ প্ৰস্ৰাব হ'লে তুলসী পাতৰ ৰসৰ লগত মিচিৰি মিহলি কৰি খাব লাগ। (৫) গাত বগা চোম পৰিলে তুলসী পাতৰ ৰস, কেঁচা হালধিৰ ৰস, মৌ মিহলি কৰি সানিব লাগে। (৬) দেহৰ কোনো অংশত কলা দাগ পৰিলে কলীয়া তুলসীৰ লগত নেমু মিহলি কৰি সানিব লাগে। মছন্দৰী মছন্দৰী মছন্দৰী বহল পাতেৰে মটিত বগুৱাবাই যোৱা এবিধ লতাজাতীয় উদ্ভিদ। ঔষধি গুণঃ (১)গ্ৰহণী, পেটচলা, পেট খামোচা মৰা ৰোগত ইয়াৰ পাত পাতত দি খালে উপকাৰ হয়। (২)ইয়াক নিয়মিয়াকৈ খালে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়। (৩)ইয়াৰ ব্যৱহাৰে ৰক্ত কণিকা বৃদ্ধি, হৃদৰোগ প্ৰতিৰোধ আৰু মাংসপেশী আটিল কৰে। মানিমুনি মানিমুনি (বৈজ্ঞানিক নাম মানিমুনি এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ গাঁঠিয়ে গাঁঠিয়ে সৰু সৰু চুলিৰ নিচিনা শিপা ওলাই আৰু ইয়াৰ সহায়ত ই মাটিত খামোচ মাৰি থাকে। মানিমুনি সাধাৰণতে জেকা ঠাইত হয়। ঔষধি গুণঃ (১)অৰুচি গুচাবলৈ মানিমুনিৰ ৰস খাব লাগে। (২)গ্ৰহণী, কুষ্ঠ ৰোগ, ৰক্তপিত্ত' উচ্চ ৰক্তচাপ, স্নায়বিক দুৰ্বলতা, অনিদ্ৰা, ৰোগত মনিমুনিৰ ৰস উপকাৰী। ৰোগত ইয়াৰ পাত খুন্দি প্ৰলেপ দিলে উপকাৰ হয়। (৪)মানিমুনি শাক ৰাতিপুৱা ৰান্ধি খালে দিনটোৰ কাৰণে শৰীৰৰপৰা ওলোৱা দুৰ্গন্ধ আঁতৰ হয়। জালুক জালুক জালুক এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ ফলবোৰ থোপাবান্ধি লাগে। ফলৰ সোৱাদ জ্বলা। ঔষধি গুণঃ (১) জালুক ৪/৫টা পিহি গৰুৰ ঘিওঁৰ সৈতে লগালে সকলো প্ৰকাৰৰ খজুৱতী নাইকিয়া হয়। (২) জ্বৰ, কাঁহ, নিউমোনিয়া আদিৰ বাবে জালুক উপকাৰী। (৩) ই গাৰ বিষ উপশম কৰে। (৪)জালুকে স্মৃতিশক্তি প্ৰখৰ কৰে। নাহৰ নাহৰ নাহৰ এজোপা ডাঙৰ ওখ গছ। ইয়াৰ কাঠ বৰ টান। সেয়ে খেতিয়কসকলে ইয়াৰ কাঠেৰে নাঙল সজা দেখা য়ায়। ঔষধি গুণঃ সাপে কামোৰিলে নাহৰ পাত আৰু ফুল খাব লাগে আৰু পিহি কামোৰা ঠাইত লগাব লাগে। টেঙামৰাটেঙামৰা টেঙামৰা এবিধ জোপোহা জাতীয় গছ। গছজোপা প্ৰায় ৫/৬ ফুট ওখ হয়। ঔষধি গুণঃ (১)টেঙামৰা পাতৰ ৰসে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। (২)টেঙামৰা পাতৰ ৰসে পেটৰ বিষ উপশম কৰে। (৩)টেঙামৰা বীজৰ ৰসে আভোক দূৰ কৰে। (৪)টেঙামৰা শাক নিয়মীয়াকৈ খালে স্নায়ু সবল হয়, দৃষ্টিশক্তি বাঢ়ে, হৃদৰোগ প্ৰতিৰোধ কৰে ,গাৰ ছাল নিমজ হয়। লাইজাবৰিলাইজাবৰি ঔষধি গুণঃ (১)বিছাই ডাকিলে লাই জাবৰি এমুঠি খুন্দি এমুঠি খুন্দি তাৰ ৰস লগালে তৎক্ষণাৎ তাৰ নোম ওলাই আহে। (২) শিশু জ্বৰ মূৰত উঠিলে লাইজাবৰি এমুঠি খুন্দি প্ৰলেপ দিব লাগে। (৩) শিশুৰ পঁয়া লগা ৰোগত লাইজাবৰিৰ ৰসেৰে মালিচ কৰিব লাগে। যম লাখুটিযম লাখুটি ঔষধি গুণঃ (১)ইয়াৰ শিপা সাৰ বেমাৰ বা কামলা মূত্ৰঘাত ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। (২) আঘাতলাগি কোনো অংশ ফুলি উঠিলে বা ঘা লাগি পুঁজ-পানী ওলোৱা পুৰণি ঘা ইয়াৰ পাত পিহি প্ৰলেপ দিলে আৰোগ্য হয়। মান কচুমান কচু পাতবোৰ আন কচুতকৈ বহল। ঠাৰিবোৰ শকত। ঔষধি গুণঃ (১)মানকচুৰ শিপা পুৰি তাৰ ছাই মৌজোলৰ লগত মিহলি কৰি জিভাৰ ঘা হোৱা ঠাইত সানিলে জিভাৰ ঘা ভাল হয়। (২) যকৃত, সন্নিপাত, গ্ৰহণী ৰোগত মান কচু সুপথ্য। (৩) মান কচুৰ পাতত অলপ মিঠাতেল লৈ তাক ধান খেৰৰ জুইত সেক দি জিভাত ঘঁহিলে জিভাৰ অৰুচি গুচে। ভেকুৰী তিতাভেকুৰী তিতা বহল পাতেৰে গুল্ম জাতীয় উদ্ভিদ। ঔষধি গুণঃ (১)ভেকুৰীৰ শিপা, জালুক আৰু নিমখ দি এমাহ দিন দিনে এবাৰকৈ ৰান্ধি খালে বহুদিনীয়া পিত্ত ৰোগ ভাল হয়। (২) পাথৰি ৰোগত ইয়াৰ শিপাৰ ৰস খাব লাগে। (৩)টকৌৱে খোৱা ৰোগত ভেকুৰী তিতাৰ পাত খুন্দি মূৰত প্ৰলেপ দিলে সুফল পোৱা যায়। (৪) দুষ্টবৰ্ণ কুষ্ঠ, হাঁপানি ৰোগত ভেকুৰী সুপথ্য। (৫) বমি ভাব বন্ধ কৰিবলৈ ভেকুৰী তিতাৰ ৰস খাব লাগে। পনৌনৱাপনৌনৱা (ইংৰাজী নাম (বৈজ্ঞানিক নাম (গোত্ৰ পনৌনৱা এবিধ ঔষধিযুক্ত বনশাক। পাতৰ আকাৰ সৰু পাণৰ দৰে কোমল। ঔষধি গুণঃ পাতৰ ৰসে অনিদ্ৰা দূৰ কৰাত সহায় কৰে। ইয়াৰ ৰসত এষ্ট্ৰ’জেন আৰু অক্সিট’ছিন পোৱা যায়। ই ব্ৰংকাইটিছ আৰু নিম্ন ৰক্তচাপৰ বাবেও উপকাৰী। ইয়াক শাক হিচাবেও ব্যৱহাৰ কৰা হয়। সাধাৰণতে গ্ৰীষ্ম আৰু বসন্ত এই শাকবিধ গজে আৰু শীতকালত মৰি যায়। কপাহী মাটিত ইয়াৰ খেতি কৰা হয়। চজিনাচজিনা চজিনা প্ৰায় ৩০-৪০ ফুট ওখ চনকা ডাল-পাতৰ এজোপা গছ। ইয়াৰ পাতবোৰ অধোমুখী আৰু ডিম্বাকাৰ। শীতকালত পাত সৰি লঠঙা হয় আৰু বসন্তৰ আগমনৰ লগে লগে ফুলৰ লগতে পাতো ওলাবলৈ ধৰে। ইয়াৰ ফলবোৰ দীঘলীয়া। ইয়াৰ ফল আৰু পাত দুয়োটাকে পাচলি হিচাবে ব্যৱহাৰ কৰা হয়। ঔষধি গুণঃ (১) চজিনাৰ শিপাৰ ২৫ গ্ৰাম ৰস সম পৰিমাণৰ মৌৰ লগত মিহলি কৰি খালে শৰীৰৰ ভিতৰত হোৱা ফোঁহা নষ্ট হয়। (২) উশাহ-নিশাহৰ অসুখ যেনে- ব্ৰংকাইটিছ, এজমা, যক্ষ্মা আদি ৰোগৰ বাবে চজিনা উপকাৰী। (৩) ইয়াৰ কোমল পাত শাক হিচাবে বসন্ত কালত খালে বসন্ত ৰোগৰপৰা হাত সাৰি থাকিব পাৰি। তদুপৰি পানীলগা জ্বৰ, কাহ, যকৃত ৰোগ, কৃমি ৰোগত ইয়াক ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। (৪) কোনো আঘাতৰ ফলত শৰীৰৰ কোনো অংশ ফুলি উঠি বিষ হ’লে চজিনাৰ পাত পিহি অকণমান গৰম কৰি লেপন দিলে আৰাম পোৱা যায়। ভেদাই লতা ভেদাই লতা )কেচেমা গোন্ধৰ দীঘল পাতৰ লতাজাতীয় এজোপা গছ। ঔষধি গুণঃ (১)হাড় ভগা আৰু জোৰা লৰা ৰোগত ভেদাই লতাৰ প্ৰলেপ দি বান্ধিব লাগে আৰু ভেদাই লতাৰ ৰস খাব লাগে। (২) শিৰা সংকোচন হ’লে ভেদাই লতাৰ ৰস তিল তেলৰ লগত মিহলাই সিৰা সংকোচন হোৱা স্থানত সানিলে বিষ নাইকিয়াহয়। (৩) ইয়াৰ ৰসৰ তৰকাৰী ৰান্ধ খালে বাত বিষ ভাল হয়। কেঁচুমূৰীয়া, অতিসাৰ বা পেটচলা ৰোগত ভেদাই লতা সুপথ্য। (৫)দাঁত বিষত ভেদাই লতাৰ গুটিৰে দাঁত মাজিল বিষ কমে। (৬) আমবাত বা এলাৰ্জি ৰোগত ভেদাই লতাৰ ৰস সানিলে আৰাম পোৱা যায়। (৭)একাংগী ৰোগত ভেদাই লতাৰ ৰস খোৱাৰ উপৰিও ইয়াৰ ৰসেৰে মালিচ কৰিব লাগে। ব্ৰাহ্মী শাক জেকা মাটিত হয়। বগাই যায়। সোৱাদ অলপ তিতা। ঔষধি গুণঃ (১) মাতভঙা বা স্বৰভংগ ৰোগত ব্ৰাহ্মী শাকৰ ৰস মৌজোলৰ লগত খাব লাগে। (২) ব্ৰাহ্মী শাকৰ ৰস ১৫/২০ গ্ৰামৰ লগত অলপ গাখীৰ মিহলি কৰি খালে স্মৃতিশক্তি বৃদ্ধি হয়। (৩) স্নায়বিক দুৰ্বলতা নাশ কৰিবলৈ ব্ৰাহ্মীশাক আঞ্জা হিচাবে বা গাখীৰৰলগত দিনে ১০০ গ্ৰামকৈ খাব লাগে। (৪)উন্মাদ ধাতু দুৰ্বল ৰোগত ব্ৰাহ্মী শাকৰ ৰস খালে সুফল পোৱা যায়। (৫) উচ্চ ৰক্তচাপ, মৃৰ্গী ৰোগত ব্ৰাহ্মী শাক উপকাৰী। দুপৰ টেঙা পাতেগজাদুপৰ পাতৰ পৰাই বংশ বৃদ্ধি হয় বাবে পাতে বুলিও কোৱা হয়। ঔষধি গুণঃ (১)বৃক্কৰ দোষত কঁকালৰ বিষ হ’লে দুপৰ টেঙাৰ পাত খালে আৰাম পোৱা যায়। (২) মূৰত ওকণি হ’লে দুপৰ টেঙাৰ পাত খুন্দি চুলিত প্ৰলেপ দিলে ওকণি মৰে। (৩) কেঁচুমূৰীয়া বা অৰ্শ ৰোগত দুপৰ টেঙাৰ পাত খুন্দি প্ৰলেপ দিব লাগে। (৪)পাথৰি, প্ৰমেহ, মুত্ৰকৃচ্চ ৰোগত দুপৰ টেঙা সুপথ্য। (৫)মুত্ৰাঘাত ৰোগত দুপৰ টেঙৰ পাত ৫/৬খন খুন্দি তাৰ ৰস খালে প্ৰসাৱ নিয়মীয়া হয়। )চতিয়না এজোপা ওখ চিৰসেউজীয়া গছ। ঔষধি গুণঃ (১)চতিয়না গছৰ আঠা লগালে দুষ্টবৰ্ণ ভাল হয়। (২) চতিয়না গছৰ বাকলিৰ ৰস সম পৰিমাণৰ এৱা গাখীৰৰ লগত মিহলি কৰি নিয়মিয়াকৈ কিছুদিন লগালে বাতৰক্ত ৰোগত সুফল পোৱা যায়। (৩) চতিয়না গছৰ বাকলিৰ ৰস বা ইয়াৰ গুৰা ২৫ গ্ৰামকৈ দিনে তিনিবাৰকৈ তিনিদিন খালে মেলেৰীয়া ৰোগ ভাল হোৱাত সহায় হয়। (৪) শিৰা ৰোগ বা অণ্ডকোষ বৃদ্ধি ৰোগত আদা আৰু চতিয়না গছৰ গুটি ভালদৰে খুন্দি অণ্ডকোষত লগালে এই ৰোগ উপশম হয়। অৰ্জুন গছঅৰ্জুন )মেলাহি ডাল, দীঘলীয়া পাতেৰে এজোপা ডাঙৰ গছ। ঔষধি গুণঃ (১) অৰ্জুন গছৰ শুকান ছাল গুৰি কৰি বাসক পাতৰ ৰসৰ লগত তিয়াই ৰ’দত শুকুৱাই চেনি বা মৌৰ লগত দৈনিক ব্যৱহাৰ কৰিলে যহ্মা ৰোগত সুফল পোৱা যায়। (২) হাড় ভগা আৰু জোৰা লৰা ৰোগত অৰ্জুন গছৰ কেঁচা ছাল খুন্দি গাখীৰৰ লগত তাৰ ৰস সিজাই খাব লাগে আৰু অৰ্জুন গছৰ ছাল থেতেলিয়াই বান্ধি থব লাগে। (৩) অৰ্জুন গছৰ ছালৰ ৰসে হৃদৰোগ নিৰাময় কৰে। নগা টেঙানগা টেঙা )ঔষধি গুণ:খাদ্যপ্ৰাণ 'গ' যুক্ত ফল বাবে ই দাঁতৰ আলু আৰু ছালৰ বাবে ভাল। 'কফ' উলিওৱাত সহায় কৰে। মিৰিকা টেঙামিৰিকা টেঙা )১০০ গ্ৰাম মিৰিকা টেঙাত খাদ্যপ্ৰাণ 'খ' ১.৬ মিলিগ্ৰাম খাদ্যপ্ৰাণ 'গ' ৩০ মিলিগ্ৰামঔষধি ৰোগ দূৰ কৰে আৰু ছালখন নিমজ কৰে। শিলিখাশিলিখা )ই এবিধ খাৰ জাতীয় ফল। ঔষধি গুণশুকান শিলিখা ১২ ঘণ্টামান পানীত তিয়াই থৈ পানীখিনি খালে পেটৰ বিভিন্ন অসুখ দূৰ হয়। শুকান শিলিখা এজমা,অৰ্শ,পেলুৰ বাবে ভাল। শিলিখাই ভোক বঢ়ায়। ডিমৰুডিমৰু )১০০ গ্ৰাম ডিমৰুত থকা খাদ্যপ্ৰাণ -ঔষধি গুণইয়াত এবিধ নামৰ ৰসায়ন থাকে যি টেমুনা ৰোধ কৰিব পাৰে। ই শৌচ খোলোচা আৰু পেলু নিধন কৰিব পৰা ক্ষমতা আছে। কুঁজি থেকেৰাকুঁজি থেকেৰা )ই এবিধ অম্লযুক্ত ফল। ঔষধি গুণগ্ৰহণী,পেটৰ গুৰগুৰণি,পেটফুলাৰ বাবে বৰ ভাল ঔষধ। ঔ টেঙাঔ টেঙা )ইয়াত প্ৰটিন,খাদ্যপ্ৰাণ 'গ' আৰু আঁহ )যথেষ্ট পৰিমাণে থাকে। ঔষধি গুণশৌচ খোলোচা ৰাখে। ঔ টেঙাৰ ৰস চেনি মিহলাই পানীয় ৰূপত খাই শৰীৰৰ শক্তি বঢ়াব পাৰি। বিভিন্ন ৰোগ আৰু বন-দৰবৰ দ্বাৰা ইয়াৰ প্ৰতিকাৰ পৃথিৱীৰ বিভিন্ন দেশৰ লগতে অসমৰ বনাঞ্চল সমূহত আৰু অসমীয়াৰ ঘৰতে পোৱা বহু গছ-লতা, ফল-ফুল আদিৰ পৰা তৈয়াৰী বিভিন্ন বন-দৰবে মানুহৰ ৰোগ নিৰাময়ত কিদৰে সহায় কৰিব পাৰে তাৰেই এটি চমু আলোচনাৰে লেখাটি প্ৰস্তুত কৰাৰ প্ৰয়াস কৰা হৈছে। বন-দৰবৰ দ্বাৰা ৰোগৰ পৰা উপশম পাবলৈ তলত দিয়া উপাই সমূহ প্ৰয়োজনীয়ঃ- ১) কাহ:- ৰোগৰ লক্ষণঃ-ডিঙি শুৰশুৰায়, বুকুৰ বিষ হয়, ডিঙি চেৰচেৰাই, হাঁচি আহে, নাকেদি পানী ওলায় আৰু শৰীৰ দুৰ্বল হৈ পৰে। কফ দেৰিকৈ বাহিৰ ওলায়। বনদবৰ:-১) ২০টোপালমান নহৰু ৰসৰ লগত মাটিকঁঠালৰ ৰস অলপ মিহলাই চৰবত কৰি খালে সকলো কাহ ভাল হয়। ২) পুৰণি কাহত এচামুচ কেঁচা হালধিৰ ৰসত ২চামুচ মৌ মিহলাই দিনে তিনিবাৰকৈ খাব লাগে। ৩) শিশুৰ কাহ হলে ৪,৫টা দোৰোণ ফুল পিহি ১চামুচ মৌজোলেৰে সৈতে মিহলি কৰি খুৱালে ৰোগ সহজে আৰোগ্য হয়। ৪) তৰুৱা কদমৰ ৫০গ্ৰাম পাতৰ ৰস ২চামুচ পানী আৰু ৫গ্ৰাম চেনি মিশ্ৰণ কৰি খালে উত্তম ফল পোৱা যায়। ৫) কুঁহিয়াৰৰ ৰস ১০০মিঃলিঃমান দিনে ২বাৰকৈ খালে শুকান কাহ ভাল হয়। ৬) একাপ গৰম পানীত ৫চামুচ কেঁচা হালধিৰ ৰস মিহলাই তাত অলপ নিমখ দি খাব লাগে। ৭) কেঁচা মূলাৰ ১২চামুচ ৰসত কুঁহিয়াৰৰ ৰস ৮চামুচ মিহলি কৰি দিনে ২বাৰকৈ খালে কাহ ভাল হয়। ৮) ৩,৪টা বাদাম চোবাই মুখত ৰাখিলে শুকান কাহ ভাল হয়। ৯) তুলসী পাতৰ লগত মৌজোল মিহলাই খালেও কাহ ভাল হয়। ১০) সিজু গছৰ পাত ছিঙি অলপ গৰম কৰিলে যি ৰস ওলাই তাৰে ১কাপমানত অলপ খাব পৰাকৈ নিমখ দি দিনে ২ বাৰ মান খালে কাহ ভাল হয়। ১১) বজাৰৰ পৰা অলপ মিঠৈ বা গুৰ আনি চচপেন এটাত লৈ তাত সামন্য পানী মিহলাই উতলালে আঠাৰ দৰে (কুঁহিয়াৰৰ পকা ৰসৰ দৰে) হলেই সেইখিনি গৰমে গৰমে সহ্য কৰিব পৰাকৈ পি খাই দিলেও কাহৰ পৰা ৰক্ষা পাব পাৰি। ২)দাঁতৰ বিষঃ- ৰোগৰ লক্ষণঃ- প্ৰথমে পানী খালে দাঁতৰ গুৰি শিৰশিৰাই আৰু পিছলৈ দাঁতৰ গুৰিত বিষ হয়। বন-দৰবঃ-১) ৫টা লং পিহি নেমুৰ ৰস মিহলি কৰি দাঁত মাজিলে দাঁতৰ বিষ নাইকিয়া হয়। নাইবা ৫টা লং পিহি এগিলাচ পানীত মিলাই মুখ কুলকুলিয়ালে দাঁতৰ বিষ কমে। ২) সৰিয়হ তেল, নেমুৰ ৰস আৰু অলপ নিমখ মিহলি কৰি দাঁত মাজিলে দাঁত পৰিষ্কাৰ হয়, দাঁতৰ বীজাণু নাশ হয় আৰু দাঁতৰ বিষ দূৰ হয়। ৩) কুমলীয়া এছাৰি (জাতি বাঁহৰ) জুইত সেকি দাঁতেৰে কামুৰি ধৰি থাকিলে বিষ নাইকিয়া হয়। ৪) বকুল গছৰ ছালৰ ৰসেৰে মুখ কুলকুলিয়ালে দাঁতৰ বিষ আৰু দাঁতৰ যিকোনো ৰোগ ভাল হয়। ৫) ৫টা বাদাম খাব লাগে আৰু বাদাম, আদা আৰু মিশ্ৰণ পিহি বিষোৱা দাঁতৰ মাজত ৰাখিলে দাঁতৰ বিষ নাইকিয়া হয়। ৬) মধুৰিআমৰ পাতৰ ৰস, কেঁহৰাজ, মহানিমৰ ছাল পুৰি সেই ছাইৰে দাত ঘহিলে দাঁতৰ বিষৰ পৰা উপশম পোৱা যায়। ৭) আদা এটুকুৰা নিমখ লগাই চোবাই খালেও দাঁতৰ বিষ কম পোৱা যায়। ৩)পায়োৰিয়া ৰোগঃ- ৰোগৰ লক্ষণঃ- দাঁতৰ গুৰিয়েদি যেতিয়াই তেতিয়াই তেজ ওলাই। বিষ নাথাকে। মুখ বেয়া গোন্ধ কৰে। বন-দৰবঃ-১) কৰ্দৈ টেঙাৰ শিপা আৰু কেঁহৰাজৰ শিপা ভালদৰে পিহি দাঁতৰ গুৰিত লগালে তেজ ওলোৱা বন্ধ হয়। ২) দিনে ৩,৪বাৰকৈ বকুল গছৰ বাকলিৰ ৰসেৰে কিছুদিন মুখ কুলকুলি কৰিলে তেজ ওলোৱা বন্ধ হয়। ৩) দুৱৰিবন এমুঠি পিহি মুখত ভৰাই দাঁতেৰে কামুৰি কিছু সময় ধৰি থাকিব লাগে। ৪) বঙালী এৰাৰ ঠাৰিৰে ভালদৰে নিয়মীয়াকৈ দাঁত ঘহিব লাগে। ৫) ২০টা মান মধুৰী আমৰ পাত এগিলাচ পানীত উতলাই তাত নিমখ দি মুখ কুলকলিয়াব লাগে। ৬) আমলখি ২টামান চোবালে দাঁতৰ তেজ ওলোৱা নাইকিয়া হয়। ৪) টকৌৱে খোৱাঃ- ৰোগৰ লক্ষণঃ- চুলিৰ গুৰিত অলপ খজুৱাই, চুলিবিলাক একোছা একোছাকৈ সৰাৰ ফলত তালু ওলাই পৰে। বন-দৰবঃ-১) পিঁয়াজ (আকাৰত সৰু, বেছি জ্বলা) এটা ফালি তাক মূৰত এনেদৰে ঘঁহিব লাগে যাতে পিঁয়াজডোখৰ গৰম হৈ পৰে। ২) টকৌৱে খোৱা অংশত নতুন বেজি এটাৰে সামান্য খুচি সেই স্থানত কেইটামান লাটুমণি গুটি পিহি প্ৰলেপ দিব লাগে। ৩) নহৰু কেইফুটামান ভালদৰে পিহি ঘঁহিব লাগে। ৪) হাতীদাঁতৰ ভস্ম তিল তেলৰ লগত মিহলাই কিছু সময় প্ৰলেপ দিব লাগে। ৫) শেৱালি ফুলৰ গুটি ভালদৰে খুন্দি মূৰত ঘঁহিলে চুলি গজে। ৬) ভেঁকুৰী ৮,১০টা মান খুন্দি তাত মৌজোল মিহলাই ৪,৫ ঘণ্টামান মূৰত প্ৰলেপ দি ধুব লাগে। ৭) ভোমোৰা ফলৰ বাকলি গুডি কৰি টকৌৱে খোৱা ঠাইত সানিব লাগে। ৮) জেতুকা গুটি পিহি মূৰত সানিব লাগে। ৫) উচ্চ ৰক্তচাপঃ-ৰোগৰ লক্ষণঃ-এই ৰোগত মূৰৰ বিষ আৰু মূৰৰ কামোৰণি হয়। বুকুৰ বিষ আৰু শৰীৰ দুৰ্বল হয। চকুৰে জলক-তবক দেখা পাই। খুব গৰম লাগি থাকে আৰু ঘামি থাকে। টোপনি কম হয়, গা জিন-জিনায়, উত্তেজনা,উদ্বেগ আদি লক্ষণে দেখা দিয়ে। সাধাৰণ কথাতে খং উঠে। বন-দৰবঃ-১) কেঁচা নহৰু ২ফুটাকৈ দিনে ভাতৰ লগত একেৰাহে একমাহ মান খালে উচ্চৰক্ত চাপ স্বাভাবিক অৱস্থালৈ আহে। ২) সৰ্পগন্ধাৰ ৰস ২চামুচকৈ দিনে ২ বাৰকৈ খাব লাগে। ৩) চালকুঁৱৰীৰ পাত খুন্দি মূৰত প্ৰলেপ দিলে ৰোগ আৰোগ্য হয়। ৪) কলীয়া তুলসীৰ ১০চামুচ ৰসৰ লগত ৮চামুচ কেঁচা হালধিৰ ৰস মিহলাই দিনে ২বাৰৈ খাব লাগে। ৫) বিলাহীৰ ৰস ২০০মিঃলিঃ প্ৰতিদিনে খাব লাগে। ৬) আমলখি ৭,৮টামান খুন্দি তাক মিছিৰিৰ লগত খালে ৰক্তচাপ কমে। ৭) চজিনাৰ কুঁহিপাত আঞ্জা কৰি নিয়মীয়াকৈ খালে এই ৰোগ ভাল হয়। ৰাতিপুৱা খালি পেটত চজিনাৰ পাতৰ ৰস ৫০মিঃলিঃ খাব লাগে। ৮) মানিমুনি বা ব্ৰাহ্ম শাকৰ ৰস ৭,৮চামুচকৈ মৌজোলৰ লগত মিছি, ৰি মিহলি কৰি একেৰাহে ১৫,২০ দিন খাব লাগে। ৯)নেফাফুৰ কুমলীয়া আগ ৪টা, ৪ফুটা নহৰুৰ সৈতে পাতত দি ৰাতিপুৱা শুদা পেটত খাব লাগে। ১০) জেতুকাৰ পাত খুন্দি মূৰত আৰু ভৰিৰ তলুৱাত প্ৰলেপ দিব লাগে। ১১) ভাতৰ লগত সদায় এফুটামান পকা তেঁতেলী খালে ৰক্তচাপ স্বাভাবিক অৱস্থালৈ আহে। ৬) নিম্ন ৰক্তচাপঃ-ৰোগৰ লক্ষণঃ-শৰীৰ দুৰ্বল হয়, শৰীৰৰ উত্তাপ কমি যায়, মাজে মাজে মূৰ-ঘূৰণি হয়। বন-দৰবঃ-১) পনৌনোৱা শাক দিনে ১০০গ্ৰাঃ মানকৈ কিছুদিন খালে নিম্ন ৰক্তচাপ ৰোগ আৰোগ্য হোৱাত সহায় হয়। ২) ভীমকলৰ কলদিল দিনে ২বাৰকৈ একেৰাহে ২,৩দিন ৰান্ধি খোৱা ভাল। ৩) আধা লিটাৰ গাখীৰৰ লগত কেইটুকুৰামান গাজৰ কাটি এটা পাত্ৰত উতলাই গৰম কৰি খালে শৰীৰত যথেষ্ট শক্তি পোৱা যায়। ৪) আহাৰৰ লগত দিনে ২ ফালমান কেঁচা পিঁয়াজ আৰু কুকুৰা কণী খাব পাৰিলে ভাল। ৫) পাৰৰ মাংসৰ লগত কলডিল খালেও এইৰোগ স্বাভাবিক অৱস্থালৈ আহে। ৬) কলীয়া কচুৰ থোৰ কেইটামান জালুক দি ৰান্ধি খাব লাগে। ৭) খৰঃ-ৰোগৰ লক্ষণঃ-শৰীৰৰ যিকোনো ঠাইত এইৰোগে দেখা দিব পাৰে। ছালৰ ওপৰ ভাগত ৰঙা বা কজলা বৰণ হৈ সৰু সৰু ফোঁহা হয় আৰু চকলা চকল হৈ থাকে। ফোঁহা বিলাক হোৱা ঠাইত খজুৱতি হয় আৰু খজুৱাই দিয়াৰ লগে লগে তাৰ পৰা আঠা জাতীয় পানী ওলায়। এই আঠা জাতীয় পানী পিন্ধা কাপোৰ বা দেহৰ আন অংশত লাগিলে সেই স্থানতো খৰ হোৱাৰ সম্ভাৱনা থাকে। বন-দৰবঃ-১) কেঁচা হালধি পিহি দিনত ৩বাৰ আৰু ৰাতি শোৱাৰ আগতে এবাৰ খৰ হোৱা স্থানত খজুৱাই লগালে খৰ ভাল হয়। ২) নহৰু ৪,৫ফুটা খুন্দি খৰ হোৱা স্থানত লগালে খৰ সহজে ভাল হয়। ৩)মাখিয়তি গছৰ ঘাই শিপাজালৰ ৩ইঞ্চি মানকৈ তিনি টুকুৰা কৰি ভালকৈ খুন্দি খৰ হোৱা ঠাইত লগালে বহু পুৰণি খৰো ভাল হয়। ৪) কলীয়া তুলসীৰ পাত কেইটামান মোহাৰি সামান্য নিমখ দি খৰ হোৱা ঠাইত খজুৱাই দিনে ২,৩বাৰকৈ লগালে খৰ ভাল হয়। ৫) অমিতাৰ আঠা খৰ হোৱা ঠাইত খজুৱাই লগালে ভাল হয়। ৮)কৃমিঃ-ৰোগৰ লক্ষণঃ-টোপনিত দাঁত কৰচে, নাক খজুৱায়, শৌচৰদ্বাৰ পিৰপিৰায়, শৌচ কঠিন হয়, টোপনি কমে, টোপনিতে প্ৰস্ৰাৱ হয়, মিঠা বস্তু খাবলৈ মন যায়, আঙুলিৰ বিষ হয়, গাঁঠি উখহি পৰে, জিভাৰ পানী ওলাই থাকে আৰু ৰক্তহীনতাও হ'ব পাৰে। বন-দৰবঃ-১) নেমুৰ গুটি ৫টা খুন্দি পানীৰ সৈতে খালি পেটত খালে কৃমি নাশ হয়। ২) টুবুকী লতাৰ পাতৰ ৰস নাইবা পিঁয়াজৰ ৰস এচামুচ খুৱালে শিশুৰ কৃমি মৰে। ৩) ১গ্ৰাঃ মিঠৈ বা গুৰত আধা গ্ৰাম কেঁচা হালধিৰ ৰস মিহলি কৰি খুৱালে শিশুৰ কৃমি নাশ হয়। ৪) তিতাবাহক আঞ্জা কৰি ৰান্ধি খুৱালেও কৃমি নাশ হয়। ৫) দুটোপাল ধঁতুৰা পাতৰ ৰস ৫চামুচমান গুৰ মিহিলি কৰি খালে কৃমি মৰে। ৬) দিনে ৪চামুচমানকৈ আমলখিৰ ৰস একেৰাহে ৫দিনমান খালে কৃমি নাশ হয়। ৭) আনাৰসৰ কোঁহ পাত পিহি তাৰ লগত অলপ চেনি মিহলাই শুদা পেটত খাব লাগে। ৮) নেমুৰ বাকলি কেঁচাই কেঁচাই চোবাই খালেও কৃমি নাশ হয়। ৯) ৫ফুটা নহৰুৰ লগত আধা কাপ গাখীৰ সিজাই খুৱালে কৃমি নাইকিয়া হয়। ৯)বেচুঃ-ৰোগৰ লক্ষণঃ- ছাল ৰঙা পৰে আৰু সেই ঠাইত ফোঁহাৰ দৰে হয়। ফোঁহা ফাটি ৰস বাহিৰ হয আৰু তাত ঘা হয়। বেচু ৰোগ দুবিধ, এবিধ শুকান বেচু আৰু আনবিধ পানী বেচু। বন-দৰবঃ-১) টেঙেচি টেঙা বটি বেচু হোৱা ঠাইত লগালে ভাল হয়। ২) এৰাপাত ১খিলা খুন্দি বেচু হোৱা ঠাইত প্ৰলেপ দিলে ভাল। ৩)পচতীয়াৰ শিপা আৰু পাত খুন্দি তিলৰ লগত মিহলাই প্ৰলেপ দিব লাগে। ৪) বেচু হোৱা ঠাইত খজুৱাই নেমুৰ ৰস লগালে বেচু ভাল হয়। ৫)নিমৰ তেলেৰে মালিচ কৰিলে বেচু ভাল হয়। ৬) ধঁতুৰাৰ ২,৩টা পাত খুন্দি তাক বেচু হোৱা ঠাইত কিছু সময় প্ৰলেপ দি ৰাখিব লাগে। ৭) ৰজনীগন্ধাৰ আলু পিহি এৰাতি বান্ধি ৰাখিব লাগে। ১০)হাঁপানিঃ-ৰোগৰ লক্ষণঃ-কাহ হয়। উশাহ-নিশাহ লোৱাত কষ্ট হয়। উশাহ-নিশাহ লওঁতে ঘেৰ-ঘেৰণি শব্দ হয়। শেষ ৰাতি টোপনি নহয়। ৰোগী উঠি বহে। শৰীৰ দুৰ্বল হৈ পৰে। ৰোগ পুৰণা হলে ৰোগীৰ অৱস্থা শোচনীয় হৈ পৰে। বন-দৰবঃ-''' ১) এটা নেমুৰ ৰসৰ লগত ১০গ্ৰাম মৰণা আদা খুন্দি খুৱালে যথেষ্ট উপকাৰ পোৱা যায়। ২) কলীয়া তুলসীৰ ৰস, মৌজোল আৰু মৰণা আদাৰ ৰস সমপৰিমাণৰ লৈ ৰাতিপুৱা আৰু গধূলি দিনে দুবাৰকৈ কিছুদিন খালে হাঁপানি ৰোগ ভাল হোৱা দেখা যায়। ৩) সৰিয়হ তেলত নিমখ মিহলৈ কৰি বুকুত মালিচ কৰিব লাগে। ৪) যেষ্ঠিমধু আৰু ৰঙা চন্দন পিহি প্ৰত্যেকৰ ১চামুচকৈ লৈ আধাকাপ নিয়মীয়াকৈ ১৯দিন খালে হাঁপানি ৰোগীয়ে যথেষ্ট আৰাম পায়। ৫) পুৰণি গুড় (অতি কমেও ৩বছৰীয়া হলে ভাল) ৩০ গ্ৰামৰ লগত সৰিয়হৰ তেলৰ ২চামুচ মিহলি কৰি খাব লাগে। ৬) পুৰণি ঘিঁউ আকণৰ পাতত লগাই সেই পাত জুইত সেকি বুকুত ৰাখিব লাগে। ৭) আকণৰ শিপাৰ ছাল প্ৰথমে খুন্দি গুড়ি কৰি তাক আকণৰ আঠাত তিয়াই ৰাখি শুকুৱাই বিড়িৰ দৰে খালে শ্বাস, কাহ বা হাঁপানি ৰোগ উপশম হয়। ৮) দৈনিক ১০,১৫টাকৈ ভেঁকুৰী গুটি খুন্দি বা চোবাই খালে পুৰণি হাঁপানি ৰোগো ভাল হোৱা দেখা যায়। ৯) ৰবাব টেঙাৰ শিপা ২৫গ্ৰাম, শিলিখা ৫টা, আদা ২০গ্ৰাম ভালদৰে খুন্দি তাত অলপ সৈন্ধব লোণ মিহলি কৰি দিনে ২বাৰ ৰাতিপুৱা আৰু গধূলি খাব লাগে। ১০) বগা পদুম ফুল আৰু জালুক ১২গ্ৰামকৈ পিহি কেইদিনমান খালেই হাঁপানি ৰোগ ভাল হয়। ১১) ২টা জালুক আৰু ১০০গ্ৰাম পৌননৌৱা শিপাৰ ৰসত সামান্য গঙ্গাজল মিহলি কৰি এনেদৰে দিনে ২বাৰকৈ একেৰাহে ১২ দিন খালেই হাঁপানি ৰোগ ভাল হয়। বনৌষধি গছৰ ছবিসমূহ তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ৱেবছাইটত থকা অসমৰ বনৌষধিসমূহৰ নামৰ তালিকা ৱিকিস্পেচীচ অভিধান জীৱবিজ্ঞান সম্পৰ্কীয় তালিকা আৰু প্ৰবন্ধ অসমৰ খাদ্য
98464
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A7%B0%E0%A6%AE%20%E0%A6%B8%E0%A6%BF%E0%A6%82
কৰম সিং
কৰম সিং ১৫ ছেপ্টেম্বৰ ১৯১৫ ২০ জানুৱাৰী ১৯৯৩) ভাৰতীয় সেনাৰ এজন সৈনিক তথা সুবেদাৰ আৰু সন্মানীয় অধিনায়ক আছিল। তেওঁক ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান বা পদালংকাৰ পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হৈছিল। কৰম সিঙে ১৯৪১ চনত ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ বাৰ্মা অভিযানত অংশগ্ৰহণ কৰিছিল আৰু ১৯৪৪ চনত এডমিন বক্সৰ যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা সাহসিকতাৰ বাবে সামৰিক পদক লাভ কৰিছিল। তেঁও ১৯৪৭ চনত হোৱা ভাৰত-পাকিস্তান যুদ্ধতো সাহসিকতাৰে যুঁজিছিল আৰু তিথৱালৰ দক্ষিণে থকা ৰিচমাৰ গালিৰ এক সেনা ছাউনী ৰক্ষা কৰা কাৰ্যত প্ৰদৰ্শন কৰা ভূমিকাৰ বাবে পৰম বীৰ চক্ৰ বঁটা লাভ কৰিছিল। ১৯৪৭ চনত স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতীয় পতাকা উত্তোলন কৰিবলৈ নিৰ্বাচিত হোৱা পাঁচজন সৈনিকৰ ভিতৰত তেওঁ অন্যতম আছিল।পিছলৈ তেওঁক চুবেদাৰ পদবীলৈ পদোন্নতি দিয়া হৈছিল, আৰু ১৯৬৯ চনৰ ছেপ্টেম্বৰ মাহত অৱসৰৰ পূৰ্বে তেওঁক সন্মানীয় অধিনায়কৰ পদবী প্ৰদান কৰা হৈছিল। প্ৰাৰম্ভিক জীৱন ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত পঞ্জাবৰ বৰ্ণালা জিলাৰ ছেহনা গাঁৱৰ এটা জাট পৰিয়ালত ১৯১৫ চনৰ ১৫ ছেপ্টেম্বৰ তাৰিখে কৰম সিঙৰ জন্ম হৈছিল। তেওঁৰ পিতৃ উত্তম সিং আছিল এজন খেতিয়ক। প্ৰথমতে কৰম সিঙৰো কৃষক হ’বলৈ ইচ্ছা কৰিছিল যদিও পৰৱৰ্তী সময়ত প্ৰথম বিশ্বযুদ্ধত ভাগ লোৱা গাঁৱৰ প্ৰবীণ সৈনিকসকলৰ কাহিনী শুনি অনুপ্ৰাণিত হৈ তেওঁ সেনাবাহিনীত যোগদান কৰাৰ সিদ্ধান্ত লয়। গাঁৱত প্ৰাথমিক বিদ্যালয়তে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত ১৯৪১ চনত তেওঁ সেনাবাহিনীত যোগদান কৰে। সামৰিক জীৱন ১৯৪১ চনৰ ১৫ ছেপ্টেম্বৰত কৰম সিঙে শিখ ৰেজিমেণ্টৰ ১ম বেটেলিয়নত ভৰ্তি হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ বাৰ্মা অভিযানৰ সময়ত এডমিন বক্সৰ যুদ্ধত তেওঁৰ আচৰণ আৰু সাহসৰ বাবে তেওঁক সামৰিক পদক প্ৰদান কৰা হয়। যুদ্ধৰ এজন সজ্জিত চিপাহী হিচাপে তেওঁ নিজৰ বেটেলিয়নৰ সতীৰ্থ সৈনিকসকলৰ পৰা সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৪৭ চনত স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতৰ পতাকা উত্তোলন কৰিবলৈ তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে নিৰ্বাচিত কৰা পাঁচজন সেনা জোৱানৰ ভিতৰত তেওঁ অন্যতম আছিল। ১৯৪৭ চনৰ যুদ্ধ ১৯৪৭ চনত ভাৰতৰ স্বাধীনতাৰ পিছত কাশ্মীৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ আৰম্ভ হয়। সংঘাতৰ প্ৰাৰম্ভিক পৰ্যায়ত পাকিস্তানৰ পাষ্টুন জনজাতীয় উগ্ৰবাদীসকলে ৰাজ্যৰ সীমা অতিক্ৰম কৰি তিথৱালকে ধৰি কেইবাখনো গাঁও দখল কৰে। কুপোৱাৰা খণ্ডৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত থকা সেই গাঁওখন ভাৰতৰ বাবে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ সামৰিক কেন্দ্ৰ আছিল। ১৯৪৮ চনৰ ২৩ মে’ত ভাৰতীয় সেনাই পাকিস্তান সৈন্যৰ হাতৰ পৰা তিথৱাল উদ্ধাৰ কৰে যদিও পাকিস্তানে ক্ষীপ্ৰতাৰে সেই অঞ্চল পুনৰ দখল কৰিবলৈ উভতি আক্ৰমণ চলায়। সেই আক্ৰমণ প্ৰতিৰোধ কৰিব নোৱাৰি ভাৰতীয় সৈন্য তিথৱাললৈ আঁতৰি আহে। নিজৰ হেৰুৱা স্থান পুনৰ উদ্ধাৰ কৰিবলৈ ভাৰতীয় সেনাই সঠিক সময়ৰ অপেক্ষাত সাজু হৈ ৰয়। মাহৰ পিছত মাহ ধৰি তিথৱালত যুদ্ধ চলি থাকে। যুদ্ধৰ লগে লগে পাকিস্তানীসকল হতাশ হৈ পৰে আৰু ভাৰতীয়সকলক নিজৰ স্থানৰ পৰা খেদি পঠোৱাৰ বাবে ১৩ অক্টোবৰত তীব্ৰ আক্ৰমণ চলায়। তেওঁলোকৰ প্ৰধান উদ্দেশ্য আছিল তিথৱালৰ দক্ষিণে অৱস্থিত ৰিচমাৰ গালি আৰু তিথৱালৰ পূবত অৱস্থিত নাষ্টাচুৰ পাছ দখল কৰা। ১৩ অক্টোবৰৰ নিশা ৰিচমাৰ গলিত হোৱা তীব্ৰ যুদ্ধৰ সময়ত লেন্স নায়ক সিং 1 ফৰৱাৰ্ড পোষ্টৰ কমাণ্ডাৰ আছিল। সংখ্যাৰ ফালৰ পৰা যদিও পাকিস্তানী দহজন সৈন্যৰ বিপৰীতে শিখসকলৰ মাত্ৰ এজন সৈন্য আছিল তথাপি তেওঁলোকে পাকিস্তানী আক্ৰমণক একাধিকবাৰ প্ৰতিহত কৰিছিল। ভাৰতীয় সৈন্যৰ গোলাবাৰুদ ক্ৰমে শেষ হৈ আহিছিল। পাকিস্তানৰ গুলীচালনাৰ প্ৰতিৰোধ অসম্ভৱ বুলি জানিও সিঙে তেওঁৰ নিজৰ লোকসকলক মূল কোম্পানীত যোগদান কৰিবলৈ নিৰ্দেশ দিছিল। নিজে আঘাতপ্ৰাপ্ত হৈও আন এজন সৈনিকৰ সহায়ত তেওঁ দুজন আহত লোকক লগত লৈ আহিছিল। পাকিস্তানৰ প্ৰচণ্ড গুলীবৰ্ষণৰ মাজত সিঙে এটা স্থানৰ পৰা আন এটা স্থানলৈ গৈ নিজৰ লোকসকলৰ মনোবল বৃদ্ধি কৰিছিল আৰু মাজে মাজে গ্ৰেনেড নিক্ষেপ কৰিছিল। দুয়োখন হাতত দুবাৰকৈ আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো তেওঁ পলায়ন কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু যুদ্ধৰ প্ৰথম শাৰীতেই অৱস্থান কৰিছিল। আক্ৰমণৰ পঞ্চমটো ঢৌৰ সময়ত দুজন পাকিস্তানী সৈন্য সিঙৰ স্থানৰ কাষ চাপিছিল; সিঙে নিজৰ খাদৰ পৰা জপিয়াই ওলাই আহি বেয়নেটেৰে তেওঁলোকক হত্যা কৰি পাকিস্তানীসকলক বহু পৰিমাণে হতাশ কৰি পেলাইছিল। তাৰ পিছত সিং আৰু তেওঁৰ সৈন্যসকলে শত্ৰুৰ আৰু তিনিটা আক্ৰমণ সফলতাৰে প্ৰতিহত কৰে আৰু অৱশেষত পাকিস্তানী সৈন্যই সেই স্থান দখল কৰিব নোৱাৰি পিছুৱাই যায়। পৰম বীৰ চক্ৰ ১৯৫০ চনৰ ২১ জুন তাৰিখে কৰম সিঙক ‘পৰম বীৰ চক্ৰ’ প্ৰদান কৰি সন্মান যঁচা হয়। হাবিলদাৰ কৰম সিঙক ১৯৫৭ চনৰ ১০ জানুৱাৰীত কনিষ্ঠ আয়ুক্ত বিষয়ালৈ পদোন্নতি দিয়া হয়। ১৯৬৪ চনৰ ১ মাৰ্চত তেওঁক ছুবেদাৰ আৰু পিছত ছুবেদাৰ-মেজৰ হিচাপে পদোন্নতি দিয়া হয়। ১৯৬৯ চনৰ ২৬ জানুৱাৰীত তেঁওক কেপ্টেইনৰ পদত সন্মানীয় আয়ুক্তৰ পদ প্ৰদান কৰা হয়। ১৯৬৯ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। মৃত্যু ১৯৯৩ চনৰ ২০ জানুৱাৰী তাৰিখে নিজৰ গাঁৱত কৰম সিঙৰ দেহাৱসান ঘটে। অন্যান্য সন্মান ১৯৮০ চনত ভাৰত চৰকাৰৰ জাহাজ মন্ত্ৰালয়ৰ তত্বাৱধানত ভাৰতীয় জাহাজ নিগমে পৰম বীৰ চক্ৰ প্ৰাপ্যকসকলৰ সন্মানত নিজৰ পোন্ধৰখন খাৰুৱা তেল টেংকাৰৰ নামকৰণ কৰিছিল। ১৯৮৪ চনৰ ৩০ জুলাইত টেংকাৰ এম টি লেন্স নায়ক কৰম সিং, পিভিচি ভাৰতীয় জাহাজ নিগমলৈ প্ৰেৰণ কৰা হয় আৰু ২৫ বছৰ ধৰি সেৱা আগবঢ়োৱাৰ পিছত পৰ্যায়ক্ৰমে বন্ধ কৰা হয়। তেওঁৰ সন্মানত চৰকাৰে সাংগ্ৰুৰ জিলা প্ৰশাসনিক কমপ্লেক্সত এক স্মৃতিসৌধ নিৰ্মাণ কৰা হয়। তথ্য সংগ্ৰহ পৰম বীৰ চক্ৰ
4305
https://as.wikipedia.org/wiki/%E0%A6%B9%E0%A6%BF%E0%A6%AA%27%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%9F%E0%A6%BF%E0%A6%9B
হিপ'ক্ৰেটিছ
হিপ'ক্ৰেটিছ বা বা (খ্ৰী.পূ. ৪৬০ খ্ৰী.পূ. ৩৭০) প্ৰাচীন গ্ৰীক চিকিৎসক। এখেতক পাশ্চাত্য চিকিৎসা বিজ্ঞানৰ জনক বুলি কোৱা হয়। হিপ'ক্ৰেটিছেই চিকিৎসা বিজ্ঞানক দৰ্শন আৰু ধৰ্ম শাস্ত্ৰৰ আয়ত্ত্বৰ বাহিৰলৈ আনি স্বকীয় বৈশিষ্ট্যৰ বিজ্ঞান বুলি চিহ্নিত কৰে। হিপ'ক্ৰটিছৰ অৱদান সমূহৰ বিষয়ে ঘাইকৈ জনা যায় হিপ'ক্ৰটিছৰ কৰ্পাছ লিখনী সমূহৰপৰা। এই লিখনীৰ সংগ্ৰহত বহুকেইজন ব্যক্তিৰ পৰীক্ষা-নিৰীক্ষা আৰু অভিজ্ঞতাৰ ফছল সোমাই আছে। সেয়ে ইয়াৰে কিমানখিনি হিপ'ক্ৰটিছৰ নিজৰ লিখা সেয়া সঠিককৈ জানিব পৰা নাযায়। কিন্তু প্ৰাচীন জগতৰ এজন প্ৰখ্যাত চিকিৎসক হিচাপে হিপ'ক্ৰেটিছক আটায়ে মানি লয়। চিকিৎসা শাস্ত্ৰত প্ৰণালীবদ্ধ অধ্যয়নৰ পাতনি মেলাত হিপ'ক্ৰেটিছৰ ভূমিকা সৰ্বজনগৃহীত। বিগত সময়ৰ জ্ঞানৰ লগত নিজৰ গৱেষণালব্ধ জ্ঞান যোগ দিয়াৰ উপৰিও হিপ'ক্ৰেটিছে চিকিৎসা বৃত্তিক এটা সন্মানীয় পেছা হিচাপে গঢ় দিয়ে। চিকিৎসাক পেছা হিচাপে গ্ৰহণ কৰা সকলে মানি চলিবলগীয়া নীতি-নিয়ম আদি হিপ'ক্ৰেটিছে প্ৰণয়ন কৰা 'চিকিৎসকৰ শপতনামা'ত লিখি থৈ গৈছে। জীৱনী ঐতিহাসিকৰ মত অনুসৰি হিপ'ক্ৰেটিছৰ জন্ম হৈছিল খ্ৰী.পূ. ৪৬০, গ্ৰীছ দেশৰ কছত চিকিৎসা বিজ্ঞানৰ প্ৰচলিত গ্ৰীক মতবাদৰ বিপৰীতে যোৱা বাবে তেখেতক বিছ বছৰৰ কাৰাবাসৰ শাস্তি প্ৰদান কৰা হয়। বন্দী অৱস্থাতে তেওঁ লিখি উলিয়াই বিখ্যাত পুথি 'জটিল মানৱ দেহ' ইয়াৰে বহুতো মতবাদ এতিয়াও সত্য বুলি প্ৰতিপন্ন হৈ আছে। হিপ'ক্ৰটিছৰ জীৱনৰ বিষয়ে লিখা বাকীখিনি কথা অলৌকিকতাৰে ভৰপূৰ। সেয়ে ইয়াক সত্য বুলি মানি লোৱা টান। এফিছাছৰ ছ'ৰানাছ, দ্বিতীয় শতিকাৰ এজন প্ৰখ্যাত গ্ৰীক স্ত্ৰীৰোগ বিশাৰদে হিপ'ক্ৰটিছৰ প্ৰথমখন জীৱনৰ প্ৰনয়ন কৰে। খ্ৰীষ্ট পূৰ্ব চতুৰ্থ শতিকাত এৰিষ্টটল লিখনীত, খ্ৰীষ্টাব্দ দশম শতিকাত ছুডা লিখনীত আৰু দ্বাদশ শতিকাত জন ছেছেজ লিখনীত হিপ'ক্ৰটিছৰ বিষয়ে উল্লেখ আছে। ছ'ৰানাছৰ লিখনী অনুসৰি হিপ'ক্ৰেটিছৰ পিতা হিৰাক্লিডাছ এজন চিকিৎসক আৰু মাতৃ প্ৰক্সিটেলা, টিজেনৰ জীয়ৰী। হিপ'ক্ৰটিছৰ দুই পুত্ৰ ক্ৰমে থেছালাছ আৰু ড্ৰেকো আৰু জোঁৱাই পলিবাছ তেখেতৰ ছাত্ৰ আছিল। আন এগৰাকী গ্ৰীক দাৰ্শনিক আৰু বিজ্ঞানী গেলেন মতে পলিবাছেই হিপ'ক্ৰেটিছৰ জ্ঞানৰ প্ৰকৃত উত্তৰাধিকাৰী আছিল। ছ'ৰানাছৰ লিখনী অনুসৰি হিপ'ক্ৰেটিছে চিকিৎসা বিষয়ক জ্ঞান লাভ কৰিছিল পিতৃ আৰু ককাদেউতাকৰপৰা। হিপ'ক্ৰেটিছৰ আন এজন শিক্ষাগুৰু আছিল হেৰ'ডীকাছ সমসাময়িক লেখকৰ মাজত একমাত্ৰ প্লেটো ডায়েলগত হিপ'ক্ৰেটিছৰ উল্লেখ পোৱা যায়। হিপ'ক্ৰেটিছে সমগ্ৰ জীৱন জুৰি চিকিৎসা শাস্ত্ৰৰ অধ্যয়ন আৰু শিক্ষাৰ কামত লাগি থাকে। তেখেতে থেছেলি, থ্ৰেছ আৰু মাৰমাৰা সাগৰ ভ্ৰমণ কৰিছিল বুলি ধাৰণা কৰা হয়। সম্ভৱত: তেখেতৰ মৃত্যু হৈছিল লৰিছা নগৰত ৮৩ বা ৯০ বছৰ বয়সত। কিছুমান লিখনীৰ মতে তেওঁ ১০০ বছৰ পৰ্য্যন্ত জীয়াই আছিল। তেখেতৰ মৃত্যুৰ কাৰণ সম্পৰ্কে নানা মুনিৰ নানা মত। হিপ'ক্ৰেটিছৰ তত্ত্ব ৰোগৰ প্ৰাকৃতিক কাৰকৰ অৱস্থিতিৰ বিষয়ে প্ৰথম ধাৰণা হিপ'ক্ৰেটিছেই আগবঢ়ায় বুলি বিবেচনা কৰা হব। তেওঁৰ আগলৈ ৰোগক দেৱ-দেৱীৰ অভিশাপ বা ভূত-পিশাচৰ কাৰ্য্য বুলি ভবা হৈছিল। পাইথাগোৰাছৰ শিস্যসকলে হিপ'ক্ৰেটিছেই প্ৰথম দৰ্শন আৰু নিদান-বিজ্ঞান (মেডিচিন)ৰ মাজত সমন্বয় স্থাপন কৰে বুলি মত আগবঢ়ায়। হিপ'ক্ৰেটিছৰ কোনো লিখনীতে কোনো বেমাৰৰ ক্ষেত্ৰত অলৌকিক প্ৰভাৱৰ উল্লেখ নাই। অৱশ্যে হিপ'ক্ৰেটিছ বিশ্বাস কৰা বহুতো শৰীৰ ৰচনা বিজ্ঞান এনাট'মী) বা শৰীৰবৃত্ত বিজ্ঞান (ফিজিঅ'লজী) সম্বন্ধীয় কথা ভুল আছিল। তাৰে অন্যতম আছিল 'বিশেষ ৰস'ৰ ধাৰণা প্ৰাচীন গ্ৰীক চিকিৎসা শাস্ত্ৰ ঘাইকৈ দুটা মতবাদত বিভক্ত আছিল-- নিদিয়ান আৰু কো্আন নিদিয়ান মতবাদত ৰোগৰ নিদানত বেছি গুৰুত্ব আৰোপ কৰা হৈছিল কিন্তু শৰীৰৰ গঠন আৰু কাৰ্য্যপ্ৰণালী সম্বন্ধে পৰ্যাপ্ত জ্ঞানৰ অভাৱত তেওঁলোকে প্ৰায়েই সঠিক নিদান পোৱাত বাধা পাবলগীয়া হৈছিল। আনহাতে কোআন মতবাদত, যাক হিপ'ক্ৰেটিক মতবাদ বুলিও কোৱা হয়, এটা 'সাধাৰণ' নিদান দি তাৰ 'সাধাৰণ' চিকিৎসাৰ ওপৰতহে বেছি গুৰুত্ব দিয়া হৈছিল। সেয়ে সৰ্বসাধাৰণৰ মাজত কোআন মতবাদ বেছি জনপ্ৰিয় হৈ পৰিছিল আৰু অধিক সফল হৈছিল। বৰ্তমান চিকিৎসা বিজ্ঞানতকৈ হিপ'ক্ৰেটিক মতবাদ যথেষ্ট পৃথক আছিল। আজিকালি সঠিক নিদান আৰু তাৰ বাবে বিশেষ চিকিৎসাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। আজিৰ এই প্ৰণালী নিদিয়ান প্ৰথাৰ বেছি ওচৰ চপা। হিপ'ক্ৰেটিছৰ মতবাদ মতে ঔষধতকৈ পথ্যক বেছি গুৰুত্ব দিয়া বাবে বহুতে এই মতবাদৰ সমালোচনা কৰে। 'বিশেষ ৰস' আৰু 'সংকট' 'সংকট' হিপ'ক্ৰেটিছৰ চিকিৎসা তত্ত্বৰ এটা গুৰুত্বপূৰ্ণ ধাৰণা। ৰোগৰ বিস্তাৰ কালত এটা বিন্দু এনেকুৱা আহে য'ৰপৰা ৰোগটোক আঁতৰাব নোৱাৰি বা ই ৰোগীক মৃত্যুৰ মুখলৈ লৈ যায়, আকৌ ইয়াৰ একেবাৰে বিপৰীত পৰিস্থিতি এটাৰ উদ্ভৱ হয়, যে ৰোগ কমি ৰোগী ভাললৈ আহে। এই বিন্দুটোকে 'সংকট' বোলা হয়। এটা 'সংকট' পাৰ হৈ যোৱাৰ পাছত আকৌ আহিবও পাৰে বা নাহিবও পাৰে। 'সংকট'ৰ সময়খিনিকে 'সংকট কাল' বোলা হয়। এই সংকট কাল প্ৰতিবিধ ৰোগৰ বাবে এটা নিৰ্দিষ্ট সময়ত আহে বুলি ভবা হয়। গ্ৰীক দাৰ্শনিক গেলেনৰ মতে এই মতবাদৰ স্ৰষ্টা আছিল হিপ'ক্ৰেটিছ, কিন্তু এই মতবাদ আগৰপৰাই চলি থকাৰ সম্ভাৱনা নথকা নহয়। হিপ'ক্ৰেটিছৰ চিকিৎসা মূলত: "প্ৰাকৃতিক নিৰাময় শক্তি"ক নিজৰ কাম কৰিবলৈ দিয়াৰ ওপৰত নিৰ্ভৰশীল আছিল। বিশ্বাস কৰা হৈছিল ৰোগীৰ দেহৰ ভিতৰতে ৰোগ নিৰাময়ৰ সূত্ৰ লুকাই থাকে। ৰোগৰ কাৰণ হৈছে চাৰিবিধ 'বিশেষ ৰস'ৰ মাজত হোৱা তাৰতম্য। আমাৰ দেহে নিজেই এই তাৰতম্য সূষম কৰি ল'ব পাৰে। এই কাৰ্য্যৰ বাবে দেহক প্ৰয়োজন জিৰণি আৰু অচলাৱস্থা। এই দুটাক হিপ'ক্ৰেটিছৰ চিকিৎসাত বিশেষ গূৰুত্ব আৰোপ কৰা হৈছিল। হিপ'ক্ৰেটিছৰ চিকিৎসাত ৰোগীক মৰমেৰে ৰখা হৈছিল, আনকি চিকিৎসা বিধিতো ৰোগীয়ে যাতে কষ্ট নাপায় তালৈ লক্ষ্য ৰখা হৈছিল। ৰোগীক চাফ-চিকুনকৈ ৰখাত বিশেষ গুৰুত্ব দিয়া হৈছিল। ৰোগীৰ দেহত শান্তি দিয়া মলম ব্যৱহাৰ কৰা হৈছিল। ঔষধ প্ৰয়োগৰ ক্ষেত্ৰত অতিমাত্ৰা সাৱধানতা অৱলম্বন কৰা হৈছিল। ৰোগীক ভাল কৰাতকৈও বেছি লক্ষ্য ৰখা হৈছিল যাতে ভাল কৰিবলৈ গৈ ৰোগীৰ কোনো অনিষ্ট সাধন কৰা নহয়। অৱশ্যে বিশেষ ক্ষেত্ৰত পৰীক্ষিত ঔষধ প্ৰয়োগ কৰা হৈছিল। হিপ'ক্ৰেটিছৰ পদ্ধতি কিছুমান ৰোগৰ অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছিল। বিশেষকৈ ভগা হাড় জোৰা দিয়াৰ ক্ষেত্ৰত। এই কামৰ বাবে হিপ'ক্ৰেটিছৰ পীৰা আদিৰ দৰে সঁজুলি ব্যৱহাৰ কৰা হৈছিল। হিপ'ক্ৰেটিছৰ পদ্ধতিৰ চালিকা শক্তি আছিল ৰোগৰ নিদানতকৈ চিকিৎসাৰ ওপৰত বেছি জোৰা দিয়াটো। ৰোগ এবিধ কেনেকৈ আগবাঢ়ে সেই বিষয়ে তথ্য আহৰণ কৰাটো এই পদ্ধতিৰ আন এটা উল্লেখযোগ্য সাফল্য। পেছাদাৰীতা হিপ'ক্ৰেটিছৰ চিকিৎসাত পেছাদাৰীতা, নিয়মানুৱৰ্তীতা আৰু অভ্যাসৰ ওপৰত প্ৰবল গুৰুত্ব দিয়া হৈছিল। হিপ'ক্ৰেটিছৰ লিখিত 'চিকিৎসকৰ বাবে' গ্ৰন্থত চিকিৎসক সকলকক সুবিনস্ত, নীতিশীল, ধীৰ, গম্ভীৰ আৰু সহানুভূতিশীল হ'বলৈ কোৱা হৈছে। পেছাগত দিশতো চিকিৎসক সকলে কাৰ্যক্ষেত্ৰত সঠিক পোহৰ, গুণী সহযোগী, উত্তম বিধৰ সা-সঁজুলিৰে সজ্জিত আছিল। ৰোগীৰ চিকিৎসাৰ সময়ত ৰোগীক উপযুক্ত ভঙ্গীত ৰখা, বেণ্ডেজ আদি সঠিক ভাৱে বন্ধা আদিত বিশেষ গুৰুত্ব দিয়া হৈছিল। হিপ'ক্ৰেটিছে আনকি নিজৰ নখো এটা সঠিক দৈৰ্ঘলৈ ৰাখিছিল। ৰোগীক চিকিৎসা দিয়াৰ উপৰিও উপযুক্ত পৰ্য্যবেক্ষণ আৰু তাৰ ফলাফল লিপিবদ্ধ কৰাত গুৰুত্ব দিয়া হৈছিল। এই লিখিত নথী যাতে সহজে বুজিব পৰা হয় তালৈও লক্ষ্য ৰখা হৈছিল। যাতে সেই লিখনী ভৱিষ্যতৰ ছাত্ৰক শিকোৱাৰ কামত ব্যৱহাৰ কৰিব পাৰি। হপ'ক্ৰেটিছে ৰোগীৰ দেহৰ গঠন, বৰণ, নাড়ীবেগ, জ্বৰ, বিষ, দেহ সঞ্চালন, প্ৰসাৱ আদিৰ বিতং বিৱৰণ লিখি ৰাখিছিল। ৰোগীৰ পৰিয়াল আৰু থকা পৰিবেশৰ টোকাও লিখি ৰখা হৈছিল। আজিৰ চিকিৎসা বিজ্ঞানৰ ৰোগী পৰীক্ষা আৰু ৰোগৰ বিৱৰণ লোৱাৰ নিয়ম তেৱেই প্ৰথম প্ৰচলন কৰিছিল। সেইবাবেই তেখেতক "ৰোগ চিকিৎসা বিজ্ঞানৰ জনক" বুলি কোৱা হয়। চিকিৎসা বিজ্ঞানলৈ হিপ'ক্ৰেটিছৰ প্ৰত্যক্ষ অৱদান হিপ'ক্ৰেটিছ আৰু তেওঁৰ শিষ্যসকলে কেবাটাও ৰোগৰ বৰ্ণনা দি থৈ গৈছে। আঙুলিত হোৱা 'ক্লাবিং' নামৰ এক পৰিঘটনা প্ৰথমে হিপ'ক্ৰেটিছেই লক্ষ্য কৰি লিপিবদ্ধ কৰিছিল বুলি জনা যায়। এই 'ক্লাবিং' কেবাটাও ৰোগৰ লক্ষণ হিচাপে দেখা দিয়ে। হিপ'ক্ৰেটিছৰ মুখাৱয়ব আন এটা তেনে পৰিঘটনা। হিপ'ক্ৰেটিছেই প্ৰথমে ৰোগক তাৎক্ষনিক পুৰণি প্ৰচলিত মহামাৰী আদি বিশেষ ভাগত ভাগ কৰিছিল। ইয়াৰ বাহিৰেও ৰোগৰ বিস্তাৰৰ ক্ষেত্ৰত প্ৰচলিত বাঢ়ি অহা পুনৰ হোৱা প্ৰশমন হোৱা সংকট কাল প্ৰশমন কাল আদি ধাৰণা প্ৰয়োগ কৰে। বুকুৰ ভিতৰত হোৱা ঘাঁ-ৰ লক্ষণ, শল্য চিকিৎসাৰ পদ্ধতি আৰু কেনেকৈ বিস্তাৰ হয় তাৰ পূৰ্ণ বিৱৰণ হিপ'ক্ৰেটিছে নিৰ্ভুল ভাৱে দিছিল। বুকুৰ ভিতৰত শল্য চিকিৎসা কৰা লিখিত বিৱৰণ থকা শল্য চিকিৎসকো তেঁৱঢই। পায়ুৰ ৰোগৰ বিৱৰণ আৰু চিকিৎসাৰ উপায়ো তেওঁলোকে লিপিবদ্ধ কৰিছিল। অৰ্শ ৰোগৰ কাৰক সম্বন্ধীয় ধাৰণাবোৰ অবৈজ্ঞানিক হ'লেও তেওঁলোকে লিখি যোৱা চিকিৎসাবোৰ আছিল শুদ্ধ। হিপ'ক্ৰেটিছৰ কৰ্পাছ হিপ'ক্ৰেটিছৰ কৰ্পাছ লিখনী সমূহ গ্ৰীক ভাষাত লিখিত প্ৰথম চিকিৎসা সম্বন্ধীয় লিখনী। এইবোৰ স্বয়ং হিপ'ক্ৰেটিছৰ লিখনী নে বিভিন্ন লেখকৰ লিখনী তাক এতিয়াও নিৰ্ণয় কৰিব পৰা হোৱা নাই। বিশেষজ্ঞ সকলৰ মতে এইবোৰ এজন মানুহৰ লিখনী নহয়। কৰ্পাছ লিখনী সমূহে হিপ'ক্ৰেটিছৰ মতবাদ মানি আহিছিল বাবেই সেইবোৰক হয়তো হিপ'ক্ৰেটিছৰ কৰ্পাছ বোলা হৈছিল। কৰ্পাছৰ সমূহত কিতাপ, বক্তৃতা, গৱেষণা আৰু দৰ্শন সম্বন্ধীয় লিখনীও মিহলি হৈ আছে। এইবোৰ বিভিন্ন শ্ৰেণীৰ পাঠকৰ বাবে লিখা হৈছিল। কিছুমান কেৱল বিশেষজ্ঞৰ বাবে, আৰু কিছুমান সাধাৰণ পাঠকৰ বাবে। লিখনীবোৰ সংযুক্ত কৰাত কোনো নিয়ম মানি চলা হোৱা নাছিল। কেতিয়াবা আকৌ বিপৰীত মত এটাৰে লেখাৰ আৰম্ভ কৰা হৈছিল। এই লিখনী সমূহৰ মাজতে অতিকে গুৰুত্বপূৰ্ণ 'হিপ'ক্ৰেটিছৰ শপত' লেখাটো্ও পোৱা যায়। ইয়াৰ বাহিৰে 'ৰোগৰ বিস্তাৰ' 'তাৎক্ষনিক ৰোগৰ চিকিৎসা' 'ভগা-হাড় জোৰা দিয়াৰ সৰঞ্জাম' 'বায়ু, পানী আৰু মাটি' 'পবিত্ৰ ৰোগৰ বিষয়ে' আৰু 'এফ'মেৰিজম' এই কেইটা গুৰুত্বপূৰ্ণ লেখা কৰ্পাছৰ মাজত সোমাই আছে। হিপ'ক্ৰেটিছৰ শপত হিপ'ক্ৰেটিছৰ শপত চিকিৎসা বিজ্ঞানৰ চৰ্চা কৰোঁতে পালন কৰিবলগীয়া নৈতিক নিয়মাৱলীৰ এক গুৰুত্বপূৰ্ণ দলিল। কিছুমান নতুন বিষৰ অন্তৰ্ভুক্তিয়ে দেখুৱায় যে এইখন সম্পূৰ্ণ ৰূপে হিপ'ক্ৰেটিছৰ লিখিত নহয়। পাছলৈ নতুন অংশবোৰ তাত যোগ দিয়া হৈছিল। বৰ্তমান যুগৰ চিকিৎসা বিজ্ঞানৰ চৰ্চাতো এই শপতনামাৰ প্ৰাসংগিকতা বিদ্যমান। মূল ৰূপত এই শপতনামা এতিয়া ব্যৱহাৰ কৰা নহয় যদিও, চিকিৎসকৰ সকলৰ নৈতিক দায়িত্ব নিৰ্ধাৰণ কৰাত প্ৰচলিত আইনী ব্যৱস্থাই এই শপতনামাকে আধাৰ হিচাপে লয়। এই বুৎপন্ন শপতনামাক সাৰোগত কৰিয়েই চিকিৎসা শাস্ত্ৰৰ ছাত্ৰই এই বিদ্যাৰ চৰ্চা কৰে। তথ্যসূত্ৰ তথ্যসমল 3959439 19 2008. চিকিৎসা বিজ্ঞান চিকিৎসাবিদ গ্ৰীচৰ
60286
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%A8%E0%A6%BF%E0%A6%B2%20%E0%A6%95%E0%A6%BE%E0%A6%AA%E0%A7%81%E0%A7%B0
অনিল কাপুৰ
অনিল কাপুৰ জন্ম: ২৪ ডিচেম্বৰ ১৯৫৬) হৈছে এগৰাকী ভাৰতীয় অভিনেতা আৰু প্ৰযোজক, যিয়ে প্ৰায় শতাধিক হিন্দী ভাষাৰ চলচ্চিত্ৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু টেলিভিচন ছিৰিজতো অভিনয় কৰিছে। তেওঁ পেচাত অভিনয়শিল্পী হিচাপে আৰু ২০০৫ চনৰ পৰা প্ৰযোজক হিচাপে ৪০ বছৰ ব্যয় কৰিছে। তেখেত তেওঁৰ কেৰিয়াৰত বিভিন্ন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু বিভিন্ন অভিনয়ৰ বিভাগত ছয়খন ফিল্মফেয়াৰ বঁটা সহ অসংখ্য বঁটা লাভ কৰিছে। ১৯৭৯ চনৰ উমেশ মেহৰাৰ ৰোমেঞ্চ চলচ্চিত্ৰ 'হমাৰে তুমহাৰে' ছবিত এটা সৰু চৰিত্ৰত প্ৰথম অভিনয় কৰে। তেখেত প্ৰথম আত্মপ্ৰকাশৰ চলচ্চিত্ৰটো আৰম্ভ কৰে আৰু তাৰ পিছত 'বাপু' পৰিচালিত ১৯৮০ চনৰ তেলেগু ছবিত প্ৰধান অভিনেতা হিচাপে অভিনয় কৰিছিল। ইয়াৰ পাছত তেখেত মণি ৰত্নমৰ 'পল্লবী আনু পল্লবী' (১৯৮৩) ৰে কন্নড় চলচ্চিত্ৰৰ সূচনা কৰিছিল। য়শ চোপ্ৰাৰ 'মশাল' (১৯৮৪) চৰিত্ৰত অভিনয়ৰ বাবে তেখেত শ্ৰেষ্ঠ সহ-অভিনেতা বিভাগত প্ৰথম ফিল্মফেয়াৰ বঁটা পাইছিল। এন চন্দ্ৰৰ 'তেজাব' (১৯৮৮)-ত অভিনয়ৰ বাবে কাপুৰে তেওঁৰ প্ৰথম ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেতা বঁটা অৰ্জন কৰিছিল আৰু অইন এটা ইন্দ্ৰ কুমাৰৰ 'বিটাত' (১৯৯২) অভিনয়ৰ বাবে। কাপুৰৰ পৰবৰ্তীকালত 'মেৰি জং' (১৯৮৫), 'যুদ্ধ' (১৯৮৫), 'কৰ্ম' (১৯৮৬), 'জানবাজ' (১৯৮৬), 'আপ কে চাথ' (১৯৮৬), 'মিঃ ভাৰত' (১৯৮৭), 'ঘৰ হো তো এইচা' (১৯৯০), 'আৱাৰগি' (১৯৯০), 'বেনাম বাদশা' (১৯৯১) আৰু 'বিৰচাত' (১৯৯৭), সহ আৰু বহু সমালোচক আৰু বাণিজ্যিকভাৱে সফল ছবিত অভিনয় কৰিছিল আৰু ইয়াৰ বাবে তেখেত শ্ৰেষ্ঠ অভিনেতা হিচাপে ফিল্মফেয়াৰ সমালোচক বঁটা জিকিছিল; 'তাল' (১৯৯৯), ইয়াৰ বাবে তেখেত তেওঁৰ দ্বিতীয় ফিল্মফেয়াৰ শ্ৰেষ্ঠ সহ-অভিনেতাৰ বঁটা লাভ কৰে; 'পুকৰ' (২০০০), যি তেওঁক শ্ৰেষ্ঠ অভিনেতাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে ভূষিত কৰিছে; 'নো এণ্ট্ৰি' (২০০৫) আৰু 'দিল ধাড়কনে দো' (২০১৫) যাৰ বাবে তেখেতে তেওঁৰ তৃতীয় ফিল্মফেয়াৰ শ্ৰেষ্ঠ সহ-অভিনেতাৰ বঁটা অৰ্জন কৰিছিল। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰত কাপুৰৰ প্ৰথম ভূমিকা আছিল ডেনি বয়েলৰ একাডেমি বঁটা বিজয়ী চলচ্চিত্ৰ 'স্লামডগ মিলিয়নেয়াৰ', যাৰ বাবে তেখেত এটা মোচন পিকচাৰৰ এগৰাকী কাষ্টৰ দ্বাৰা আউটষ্টাণ্ডিং পাৰফৰ্মেঞ্চৰ বাবে 'স্ক্ৰীন এক্টেৰচ্ গিল্ড বঁটা' লাভ কৰিছিল। একচন ধাৰাবাহিক ২৪-ৰ অষ্টম ছিজনত তেওঁ কৰা অভিনয়ৰ বাবে আমেৰিকান প্ৰচাৰ মাধ্যমৰ পৰা প্ৰশংসা লাভ কৰিব সক্ষম হৈছিল। বিশ্বব্যাপী, কাপুৰ অন্যতম ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। পৰিয়াল পটভূমি আৰু বিবাহ ১৯৫৫ চনৰ ২৪ ডিচেম্বৰত ভাৰতৰ মুম্বাইৰ চেম্বুৰত নিৰ্মল কাপুৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা সুৰিন্দৰ কাপুৰৰ এখন পঞ্জাবী হিন্দু পৰিয়ালত অনিল কাপুৰৰ জন্ম হৈছিল। তেওঁ চাৰিগৰাকী সন্তাৰ মাজত দ্বিতীয় সন্তান। তেওঁৰ ডাঙৰ ভায়েক বনী কাপুৰ এগৰাকী চলচ্চিত্ৰ প্ৰযোজক আৰু সৰু ভাই সঞ্জয় কাপুৰ এগৰাকী অভিনেতা। প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱী আৰু মোনা ছৌৰি কাপুৰ (দুয়োগৰাকী বনী কাপুৰৰ পত্নী) তেওঁৰ বৌৱেক, নোইডা ফিল্ম চিটিৰ প্ৰতিষ্ঠাতা আৰু মাৰৱাহ ষ্টুডিঅ’ৰ মালিক সন্দীপ মাৰৱাহ তেওঁৰ ভনী জোঁৱাই। চলচ্চিত্ৰ অভিনেতা অৰ্জুন কাপুৰ আৰু মোহিত মাৰৱাহ তেওঁৰ ভতিজা। কাপুৰ মুম্বাইৰ 'আৱাৰ লেডি অফ পাৰ্পেচুৱেল সুকোৰ উচ্চ মাধ্যমিক বিদ্যালয়' আৰু 'মুম্বাইৰ ছেণ্ট. জাভেয়াৰ্চ মহাবিদ্যালত' পঢ়া-শুনা কৰিছিল। ১৯৮৪ চনত, কাপুৰ এগৰাকী পোচাক ডিজাইনাৰ সুনিতা ভাবনানিক বিয়া কৰাইছিল, তেওঁলকৰ দুজন জীয়েক আৰু এজন পুতেক আছে। তেওঁলকৰ ডাঙৰ জীয়েক সোণম কাপুৰ (জন্ম ১৯৮৬) এগৰাকী অভিনেত্ৰী আৰু তেওঁলকৰ সৰু জীয়েক ৰিয়া কাপুৰ (জন্ম ১৯৮৭) এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু তেওঁলোকৰ পুতেক হৰ্ষবৰ্ধন কাপুৰ (জন্ম ১৯৯০) অভিনেতা। অনিল কাপুৰক তেওঁৰ সন্তানসকলে 'এ.কে.' বুলি অভিহিত কৰে। অভিনয় পেচা ১৯৭০ চনত 'তু পায়েল মেঁ গীত' চলচ্চিত্ৰত কাপুৰ এগৰাকী তৰুণ শশী কাপুৰৰ ভূমিকাত অভিনয় কৰিছিল। চলচ্চিত্ৰটো অবশ্য নাট্যমঞ্চত মুক্তি পোৱা নাছিল। ১৯৮০ দশক অনিল কাপুৰ তেওঁৰ হিন্দী চলচ্চিত্ৰ উমেশ মেহৰাৰ 'হমাৰে তুমহাৰে' (১৯৭৯) এটা সৰু চৰিত্ৰৰ দ্বাৰা অভিষেক কৰিছিল। ইয়াৰ পিছত ১৯৮০ চনত তেখেত প্ৰবীণ বাপু পৰিচালিত তেলুগু চলচ্চিত্ৰ, 'বংশ বৃক্ষ'ত প্ৰধান অভিনেতা হিচাপে অভিনয় কৰিছিল। সেই বছৰত, তেখেত আৰু দুখন হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল- 'এক বাৰ কহো' আৰু 'হম পাঁচ'। ১৯৮১ চনত, তেখেত এম এচ সত্যিউৰ 'কহাঁ কহাঁ চে গুজাৰ গয়া'ত অভিনয় কৰে। 'শক্তি' (১৯৮২)-ত এটা সৰু চৰিত্ৰত অভিনয় কৰাৰ পিছত তেখেত মণি ৰত্নমৰ 'পল্লবী আনু পল্লবী' (১৯৮৩)-ৰে কন্নড় চলচ্চিত্ৰৰ সূচনা কৰিছিল। তেখেত 'ৱহ চাত দিন' (১৯৮৩) ছবিত প্ৰথম হিন্দী চলচ্চিত্ৰৰ প্ৰধান চৰিত্ৰত অভিনয় কৰিছিল, যিটো বাপু পৰিচালিত আছিল আৰু ইয়াত পদ্মিনী কলহাপুৰ আৰু নাসিৰউদ্দিন শ্বাহ আছিল। য়শ চোপ্ৰাৰ নাটক 'মচাল' (১৯৮৪) ত তাপৰিৰ ভূমিকাত তেখেত বলিউডত স্বীকৃতি অৰ্জন কৰিছিল, যাৰ বাবে তেখেত শ্ৰেষ্ঠ সহ-অভিনেতা বিভাগত তেওঁ প্ৰথম ফিল্মফেয়াৰ বঁটা অৰ্জন কৰে। তেওঁৰ তাপৰি ব্যক্তিত্ব আৰু নৰাৰ চেহেৰাটো তেতিয়া প্ৰচালিত নাছিল, কিন্তু বহু বছৰ পিছত ভাৰতত সাজোনমতী হৈ উঠিছে। কাপুৰৰ ১৯৮৫ ৰ মুক্তি পোৱাসমূহৰ মাজত 'যুদ্ধ' তথা 'চাহেব' অন্তৰ্ভুক্ত আছিল। 'যুদ্ধ' তেওঁক তেওঁৰ আইকনিক লাইন "এক দম ঝকাচ" উচ্চাৰণ কৰিছে। কিন্তু এইটো আছিল 'মেৰি জং' (১৯৮৫), য’ত তেখেত বিচাৰৰ বাবে যুদ্ধ কৰা এগৰাকী ক্ষুব্ধ তৰুণ আইনজীৱিৰ ভূমিকাত অভিনয় কৰিছিল যিটো তেওঁক তেওঁৰ প্ৰথম ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেতাৰ মনোনীত কৰিছিল। গতিকে ১৯৮৫ চনত অনিলৰ সকলো ছবি লক্ষ্য কৰা তথা পছন্দ কৰা হৈছিল আৰু তেখেত সঁচাই ইনডাষ্ট্ৰিত আহিছিল। অনিল কাপুৰ আকৌ এটা কমিক তাপৰি অভিনয় কৰিছিল 'কৰ্ম' (1986)ত, যিটো বছৰৰ আটাইতকৈ ডাঙৰ সাফল্য আছিল। ১৯৮৬ চনত, কাপুৰ হিট 'জানবাজ'ত অভিনেতা প্লেবয়ৰ চৰিত্ৰত অভিনয় কৰিছিল, আৰু সহ-অভিনেতা ফিৰোজ খান। ৰেখাৰ লগত কাপুৰৰ অন্যান্য মুক্তিপ্ৰাপ্ত 'ইনচাফ কি আৱাজ' বক্স অফিচত বৰ হিট হৈছিল। একেই বছৰত বসু চ্যাটাৰ্জী পৰিচালিত 'চামেলি কী চাদি' অভিনয় কৰিছিল আৰু তেখেত কৌতুক অভিনেত্ৰীত তেওঁৰ কৰ্কশ শিখা প্ৰদৰ্শন কৰিছিল। শেখৰ কাপুৰৰ কল্পবিজ্ঞানৰ ছবি 'মিষ্টাৰ ইণ্ডয়া' (১৯৮৭) চনৰ বছৰৰ আটাইতকৈ ডাঙৰ হিট ছবিত অনিল কাপুৰৰ শিৰোনামৰ ভূমিকা আছিল। ছবিখন তেওঁৰ বক্স অফিচত অন্যতম বৃহত্তম হিট হৈ উঠে আৰু চুপাৰষ্টাৰ ষ্টাটাচত শুট কৰে। মহেশ ভট্ট পৰিচালিত ছবি ঠিকানাত অনিল কাপুৰ সমানভাৱে চিত্তাকৰ্ষক আছিল। ১৯৮৮ চনৰ বৃহত্তম ব্লকবাষ্টাৰ 'তেজাব' ছবিত অভিনয়ৰ বাবে ১৯৮৮ চনত তেখেত তেওঁৰ প্ৰথম ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেতা বঁটা পাইছিল। একেই বছৰ উমেশ মেহৰা পৰিচালিত একচন ড্ৰামা আৰু ৰোমাণ্টিক ছবি অনিল কাপুৰ অভিনীত 'কচমৰ' মুক্তিও চাইছিল। ৰাম-অৱতাৰ আৰু 'বিজয়'-ৰ নিচিনা ফ্লপসমূহত অনিল একমাত্ৰ সঞ্চয়কাৰী অনুগ্ৰহ হিচাপে প্ৰমাণিত হৈছিল। পিছৰ বছৰ তেখেত 'ৰাম লক্ষণ' প্ৰকাশ কৰিছিল (যি ১৯৮৯-ৰ দ্বিতীয় সৰ্বোচ্চ বক্স অফিচত অৰ্জনকাৰী হৈ উঠিছিল) 'ৱান টু কা ফ’ৰ' গীতৰ সৈতে। 'পৰিন্দ' ছবিত, কাপুৰ দৃঢ়তাৰ সৈতে তেওঁৰ ভূমিকা পালন কৰিছিল আৰু তেওঁৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তি আছিল তেওঁৰ চৰিত্ৰৰ দুৰ্বলতাটোক ইমান নিখুঁতভাৱে প্ৰদৰ্শন কৰিছিল। 'ৰখৱালাত', কাপুৰ আকৌ এক তপোৰিৰ ভূমিকাত অভিনয় কৰিছিল, আৰু ছবিখন এটা সাফল্য হিচাপে ঘোষণা হৈছিল। ১৯৮৯ চনত ঈশ্বৰ ছবিত অটিষ্টিক ব্যক্তিৰ চৰিত্ৰত কাপুৰ অভিনয় কৰিছিল আৰু এই ছবিখনত এগৰাকী অভিনেতা হিচাপে তেওঁৰ বহুমুখিতাৰ প্ৰমাণ কৰিছিল। ১৯৯০ দশক ১৯৯০ চনত তেখেত দ্বৈত ভূমিকা পালন কৰিব দেখিছিল, অত্যন্ত সফল 'কিষাণ কানহাইয়া'ত যমজ ভাই হিচাপে আৰু একেখন বছৰত তেখেত 'ঘৰ হো তো এইচা'ক লৈ বক্স অফিচত যুক্তিসংগত সাফল্য অৰ্জন কৰিছিল। কাপুৰ সমালোচিত প্ৰশংসিত অভিনেত্ৰী লৈ অহা 'আওৱাৰ্গী'ত বহু সমালোচকে কৈছিল যে তেওঁৰ শ্ৰেষ্ঠ অভিনয়টো কিন্তু চলচ্চিত্ৰটো বিক্সঅফিছত ব্যাৰ্থ হৈছে। ইয়াৰ উপৰিও 'জামাই ৰাজা' আৰু 'জীৱন' এক সংঘৰ্ষৰ নিচিনা দুটা ছবিয়েই দক্ষিণৰ ৰিমেকবোৰ প্ৰধান ব্যাৰ্থ আছিল। ১৯৯০-ত তেওঁৰ পেচাত এইটো একটা হেঁচা আছিল- এনে বছৰ হোৱাৰ কথা আছিল য’ত অনিলক বলিউডৰ এক নম্বৰ মুকুট হিচাপে ভূষিত কৰা হব। কিন্তু এই ব্যাৰ্থতা লগত অনিলৰ বেয়া হাত আছিল। ইয়াৰ পিছত য়শ চোপ্ৰাৰ ৰোমাণ্টিক ড্ৰামা 'লামহে'-ত এগৰাকী মধ্য বয়স্ক ব্যক্তি হিচাপে এটা সংযত অথচ আকৰ্ষণীয় অভিনয় কৰিছিল, বিপৰীত অভিনেত্ৰী শ্ৰীদেৱী যিয়ে তেওঁৰ চলচ্চিত্ৰ চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা পাইছিল ভাৰতীয় চলচ্চিত্ৰৰ এটা যুগান্তকাৰী চলচ্চিত্ৰ আৰু য়শ চোপ্ৰাৰ এতিয়ালৈকে শ্ৰেষ্ঠ কাম আছিল। এইটো প্ৰথম চলচ্চিত্ৰ যত তেখেত মোচ অবিহনে উপস্থিত হৈছিল। যদিও ছবিখন ভাৰতত বক্স-অফিচত ব্যৰ্থ আছিল, এইটো বিদেশত সাফল্য হিচাপে প্ৰমাণিত হৈছিল। ১৯৯১ চনত অনিল কাপুৰৰ মুক্তিপ্ৰাপ্ত 'বেনাম বাদশা'-ক টিকটৰ ৱিণ্ডত গড়ৰতকৈ তলত নাম দিয়া হৈছিল। ১৯৯২ চনত, মাধুৰী দীক্ষিতৰ লগত বছৰৰ আটাইতকৈ ডাঙৰ ব্লকব্লাষ্টাৰ ইন্দ্ৰ কুমাৰৰ বিটাত তেওঁ হাৰ্ড-হিট অভিনয়ৰ বাবে কাপুৰ দ্বিতীয়খন ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা পাইছিল। 'খেল'ত তেওঁৰ হাস্যকৰ অভিনয়ৰ বাবে কাপুৰ বৰ চিত্তাকৰ্ষক আছিল আৰু তেওঁৰ হাস্যকৰোৰ সময়টোও চলচ্চিত্ৰৰ অন্যতম প্ৰধান বিষয় আছিল। ১৯৯৩ চনত, বনী কাপুৰৰ অনেক বিলম্বিত মেগা-বাজেট, ৰূপ কী ৰাণী চোৰোঁ কা ৰাজা বক্স-অফিচত এটা বিপৰ্যয় আছিল আৰু সেই সময়ৰ শিল্পৰ বৃহত্তম তাৰকা হিচাপে কাপুৰৰ খ্যাতিৰ ক্ষতিগ্ৰস্থ কৰিছিল। এই বছৰসমূহ একমাত্ৰ ডাঙৰ সাফল্য হ’ল নীতিন মনমোহন প্ৰযোজিত, শ্ৰীদেৱীৰ লগত 'লাড়লা এগেইন' '১৯৪২: এ লাভ ষ্টোৰি'ৰ হিট মিউজিকেলটোত কাপুৰ সৰলতা প্ৰেমিক হিচাপে দুৰ্দান্ত অভিনয় কৰিছিল। ১৯৯৫ চনত তেওঁৰ মুক্তিপ্ৰাপ্ত 'ত্ৰিমূৰ্তি' বক্স অফিচত বিপৰ্যয় ঘটোৱায়, যদিও কাপুৰৰ অভিনয় বিশ্বাসযোগ্য আছিল। গড় অভিনেতা ঘৰৱালী বাহাৰৱালীত শালীন অভিনয় লৈ উপস্থিত হয় কাপুৰ। কিছুমান বক্স-অফিচত ব্যৰ্থতাৰ পিছত তেখেত জুহি চাওলাৰ লগত 'লোফাৰ' (১৯৯৬) ৰ নিচিনা ছবিত সাফল্য অৰ্জন কৰিছিল। জুদাইত, কাপুৰৰ দুগৰাকী স্ত্ৰীৰ মাজত ভঙা প্ৰেমময় স্বামীৰ চিত্ৰ প্ৰশংসা হৈছিল আৰু এই ছবিখন বক্স-অফিচত বৰ ভাল অভিনয় হিট হৈছিল। 'দিৱানা মাস্তানা' (১৯৯৭), 'বিবি নং ১' (১৯৯৯) আৰু 'হম অপনে দিল মেঁ ৰেহতে হ্যেঁ' (১৯৯৯) বক্স অফিচত হিট হৈছিল। 'তাল'(১৯৯৯)ৰ এক উদ্যোগী, অসাধু মিউজিকেল চুপাৰষ্টাৰ আৰু কাপুৰৰ অস্বাভাৱিক চৰিত্ৰটো জনগণ আৰু সমালোচক উভয়ক আচৰিত কৰি দিছিল। কমল হাচান কাপুৰৰ ভূমিকাত অভিনয় কৰিছিল তামিল চলচ্চিত্ৰ, থেভাৰ মাগান (১৯৯২)ৰ ৰিমেক, বিৰাশাত তেওঁৰ দুৰ্দান্ত অভিনয়ৰ বাবে তেখেত ৰেভ ৰিভিউ অৰ্জন কৰিছিল। তেখেত জুহি চাওলাৰ লগতে অসমাপ্ত ঝূট বোলে কাউৱা কাটে-ত অভিনয় কৰিছিল, যিটো চলচ্চিত্ৰ নিৰ্মাতা হৃষীকেশ মুখাৰ্জিৰ সৰ্বশেষ বাণিজ্যিক মুক্তি আছিল। তেখেত ছবিৰ দ্বিতীয়াৰ্ধৰ বাবে আকৌ মোচ খুৰাইছিল। ২০০০ দশক অনিল কাপুৰৰ প্ৰথম মুক্তি পাইছিল ২০০০ চনৰ বুলিন্দী, য'ত তেওঁ দুবাৰ ভূমিকা পালন কৰিছিল, য'ত জ্যেষ্ঠ ঠাকুৰ হিচাপে সংৰক্ষণ আৰু পৰিপক্কতা দেখুওৱা হৈছিল। ২০০০ চনত ৰাজকুমাৰ সম্প্ৰতিৰ সমালোচনাৰ দ্বাৰা প্ৰশংসিত পুকাৰত তেওঁৰ ভূমিকাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতা শ্ৰেণীত প্ৰথম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। কাপুৰে ২০০০ চনত হমাৰা দিল আপকে পাচ হ্য-ৰ সৈতে পুনৰ মাৰাত্মক আৰু বাণিজ্যিক সফলতাৰ স্বাদ লৈছিল। ৰাকেশ ৰোশনৰ দ্বাৰা পৰিচালনা কৰা এখন চিনেমাত, কাপুৰে ৰাজীৱ হিচাপে শ্ব'টো চুৰি কৰিছিল, য'ত কাপুৰৰ সংলাপ বিতৰণৰ প্ৰশংসা কৰা হৈছিল। তেওঁ শংকৰৰ নায়কত এক পাউজাৰপেণ্ট প্ৰদৰ্শন প্ৰদান কৰিছিল যাক বহুতে তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন বুলি গণ্য কৰে। ২০০২ চনত কাপুৰে হলিউড হিট নাটি প্ৰেছৰ ৰ পৰা লোৱা বধাই হো বধাই-ত এজন চৰ্বিব্যক্তিৰ ভূমিকাত উৎকৃষ্ট প্ৰদৰ্শন কৰিছিল। তেওঁ ইন্দ্ৰ কুমাৰ পৰিচালনা কৰা ছবি ৰিচতে-ত আৰু এক গৰিহপুৰোহ প্ৰদৰ্শন কৰিছিল। ওম জয় জগদিছত তেওঁ এক আশ্চৰ্য্যকৰ প্ৰদৰ্শন কৰিছিল। কাপুৰে প্ৰথমবাৰ বলীউডৰ অভিনেতা অমিতাভ বচ্চনৰ সৈতে আৰমানত স্ক্ৰীণখন শ্বেয়াৰ কৰে, আৰু তেওঁৰ এক নেৰ্চাৰ্জনৰ আখৰটো অতি ভালদৰে খেলিছিল। ২০০৩ চনৰ মুক্তিত, ক'লকাতা মেইলে তেওঁৰ এক সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন প্ৰদান কৰে। তেওঁৰ আখৰটো এই স্ক্ৰীণপ্লে চালিত প্ৰদৰ্শনত প্ৰদৰ্শন কৰাৰ পৰ্যায়ৰ সুযোগেৰে নিৰ্ধাৰণ কৰা হৈছিল আৰু শক্তিশালী সমৰ্থন কাৰী কাষ্ট স্বত্বেও, এয়া সঁচাকৈয়ে কাপুৰৰ এক-পুৰুষৰ প্ৰদৰ্শন হিচাপে ওলাই আহিছিল। তেওঁ সমীৰা ৰেড্ডী, আদিত্য পাঁচোলি, সঞ্জয় দত্ত আৰু কোনা মিত্ৰৰ কাষত মোচাফাৰত কৰ্টিভিট প্ৰদৰ্শনেৰে ৰূপৰ পৰ্দাখন প্ৰখৰিত কৰিছিল। কাপুৰে তেওঁৰ প্ৰস্তুত কৰা ফ্ৰিলাৰ মাই ৱাইফৰ মাৰ্ডাৰ ত পীড়ন কৰা স্বামী হিচাপে অবিশ্বাস্যভাৱে সংৰক্ত প্ৰদৰ্শন কৰিছিল। এনেছ বাজমীৰ চুপাৰ হিট কমেডী নো এণ্ট্ৰি (২০০৫) সেই বছৰ কাপুৰৰ বাবে অনুসৰণ কৰে। ছবিখন বছৰটোৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হৈ পৰিছিল। তেওঁ বেৱাফা চিনেমাখনত আছিল, এজন ধনী ব্যৱসায়ী ৰূপে অভিনয় কৰিছিল যি সন্তান জন্মৰ সময়ত মৃত্যুহোৱাৰ পিছত পত্নীৰ ভনীয়েকক বিয়া কৰিবলৈ বাধ্য হয়। কাপুৰে ২০০৫ চনৰ চুৰিলাৰ চকলেটত সুক্ষ্মতাৰে এটা ধূসৰ আখৰ খেলিছিল। অনিলৰ প্ৰথম মুক্তি ২০০৭ চনৰ চালাম-ই-ইশ্বক: এ ৰিটাৰ্বিট টো লাভ আছিল বিদেশীত আঘাতপ্ৰাপ্ত বক্স অফিচ যদিও ভাৰতত এটা লপ। ২০০৭ চনৰ ২১ ডিচেম্বৰত মুক্তি প্ৰাপ্ত এনেছ বাজমিৰ স্বাগতমক বছৰৰ সৰ্ববৃহৎ সফলতা ঘোষণা কৰা হৈছিল। সুভাষ ঘৈৰ ক'লা এণ্ড হোৱাইটত কাপুৰৰ মূল্যাঙ্কন কৰা প্ৰদৰ্শনক যথেষ্ট প্ৰশংসা কৰা হৈছিল। ২০০৮ চনত তেওঁৰ প্ৰথম মুক্তি আবাব মাষ্টনৰ চুৰিলাৰ ৰেচ বক্স অফিছত আঘাতপ্ৰাপ্ত হয়। বিজয় কৃষ্ণ আচাৰ্যৰ, তাশানে য়শ ৰাজ ফিল্মলৈ অনিলৰ প্ৰৱৰ্তন চিহ্নিত কৰিছিল কিন্তু বক্স অফিচত ভাল কৰিবলৈ ব্যৰ্থ হয়। তেওঁৰ শেহতীয়া ছবিসমূহ আছিল তেওঁৰ প্ৰথম ইংৰাজী ভাষাৰ ছবি স্লামডগ মিনিয়ৰ, যাক ২০০৮ চনৰ ১২ নৱেম্বৰত মুক্তি দিয়া হৈছিল, আৰু ২০০৮ চনৰ ২১ নৱেম্বৰত মুক্তি লাভ কৰা যুবৰাজ। ইয়ুৰভাৰজে, শ্বাহৰুখ খান আৰু কেটৰিনা কাইফৰ সৈতে, বক্স অফিচত ভাল কৰিবলৈ ব্যৰ্থ হয়। ইফালে, স্লামডগ মিনিয়ৰে বহুতো আন্তৰ্জাতিক বঁটা লাভ কৰিছে আৰু সমালোচকৰ পৰা সমীক্ষা লাভ কৰিছে, যাৰ মূল্য হৈছে কেৱল $15 নিযুত (আমেৰিকান ডলাৰ), কিন্তু বিশ্বজুৰি 352 নিযুত ডলাৰতকৈ অধিক টকা। ২০০৯ চনৰ জানুৱাৰী মাহে তেওঁ চাৰিটা গল্ডেন গ্লব এৱাৰ্ড লাভ কৰা স্লামডগ মিনিয়ৰ দলৰ সৈতে ৬৬ তম গল্ডেন গ্লব বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। স্লামডগে শ্ৰেষ্ঠ ছবিৰ একাডেমী বঁটা (আঠটা বঁটাৰ ভিতৰত এটা) লাভ কৰাৰ পিছত কাপুৰে তেওঁৰ প্ৰচণ্ড উৎসাহ প্ৰদৰ্শন কৰিছিল। তেওঁ 2008 চনৰ গ্লাক ৰিল এৱাৰ্ডত শ্ৰেষ্ঠ এনিছেবলৰ বাবে মনোনয়ন লাভ কৰিছিল আৰু এক মোচন ছবিত কাষ্টৰ দ্বাৰা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে স্ক্ৰীণ এণ্টাৰচ গিল্ড বঁটা লাভ কৰিছে। তথ্য উৎস বহিঃ সংযোগ বলিউড হাঙ্গামাত অনিল কাপুৰ ভাৰতৰ ব্যক্তি জীৱিত ব্যক্তি ভাৰতৰ ব্যক্তি ফিল্মফেয়াৰ বঁটা বিজয়ী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- বিশেষ জুৰী বঁটা (পূৰ্ণদৈৰ্ঘ্য ছবি) বিজয়ী শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
84949
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%87%E0%A6%9E%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%B2
পেঞ্চিল
পেঞ্চিল হৈছে এটা সুৰক্ষামূলক আৱৰণৰ কেন্দ্ৰ অংশত কঠিন ৰঞ্জক পদাৰ্থ থকা লিখা বা অংকন সঁজুলি। পেঞ্চিলে ভৌতিক ঘৰ্ষণৰ দ্বাৰা চিন সৃষ্টি কৰে। ব্যৱহাৰৰ সময়ত হাতৰ হেঁচাত কেন্দ্ৰ অংশৰ কঠিন ৰঞ্জক পদাৰ্থৰ এক পাতল আৱৰণ কাগজ বা অন্যকোনো পৃষ্ঠত আঠা লাগি ধৰে। বেছিভাগ পেঞ্চিলৰ কেন্দ্ৰ ভাগত থকা ৰঞ্জক পদাৰ্থবিধ মাটিৰ বাইণ্ডাৰৰ সৈতে মিহলি কৰা গ্ৰেফাইট গুড়িৰে তৈয়াৰ কৰা হয়। গ্ৰেফাইট পেঞ্চিল (পৰম্পৰাগতভাৱে "লিড পেঞ্চিল" বুলি জনা যায়) ধূসৰ বা ক'লা চিন উৎপন্ন কৰে যিবোৰ সহজে মচি পেলাব পাৰি। আন কিছুমান বিশেষ প্ৰকাৰৰ পেঞ্চিলৰ কেন্দ্ৰভাগত মূলতঃ অংকন আৰু স্কেচিঙৰ বাবে কয়লা ব্যৱহাৰ কৰা হয়। ৰঙীন পেঞ্চিলবোৰ ৰং কৰাৰ কামত ব্যৱহাৰ কৰা হয়। গ্ৰীজ পেঞ্চিলৰ কোমল, তেলীয়া ৰঞ্জক পদাৰ্থ থাকে যিয়ে কাঁচ বা চীনামাটিৰ দৰে মসৃণ পৃষ্ঠত চিন সৃষ্টি কৰিব পাৰে। পেঞ্চিলৰ আৱৰণ হিচাপে ব্যৱহাৰহোৱা আটাইতকৈ সাধাৰণ পাতল কাঠ, সাধাৰণতে ষড়ভুজৰ দৰে অংশটো কেতিয়াবা নলাকাৰ বা ত্ৰিকোণীয় আৰু ই মূলৰ লগত স্থায়ীভাৱে সংযুক্ত। এই আৱৰণত কাঠ উপৰি অন্য সামগ্ৰীৰো ব্যৱহাৰ হ’ব পাৰে, যেনে প্লাষ্টিক বা কাগজ। পেঞ্চিল ব্যৱহাৰ কৰিবলৈ চোকা ব্লেড বা তেনে জুলিৰ সহায়ত কাঠৰ অংশ বা খোলাটো সামান্য কাটি পেলাব লাগে যাতে কেন্দ্ৰৰ ৰঞ্জক পদাৰ্থৰ অংশটোৰ মূৰটো চোকা বিন্দু হিচাপে উন্মোচিত হয়। প্ৰকাৰ ব্যৱহৃত সামগ্ৰীৰ দিশেৰে গ্ৰেফাইট গ্ৰেফাইট পেঞ্চিল হৈছে একেবাৰে সাধাৰণ এটা প্ৰকাৰ, আৰু ইয়াক কাঠেৰে আবৃত কৰি প্ৰস্তুত কৰা হয়। কিবলৈ বা লিখিবলৈ ব্যৱহাৰ হোৱা অংশ মাটি আৰু গ্ৰেফাইটৰ মিশ্ৰণেৰে তৈয়াৰী আৰু ইয়াৰ ৰং আন্ধাৰ-পাতল ধূসৰৰ পৰা গাঢ় ক’লালৈকে ভিন্ন ভিন্ন হয়। ইহঁতৰ গঠনে আটাইতকৈ মসৃণ ষ্ট্ৰ’ক সৃষ্টি কৰিব পাৰে। গোটা কঠিন গ্ৰেফাইট পেঞ্চিল হৈছে গ্ৰেফাইট আৰু মাটিৰ কম্পোজিটৰ কঠিন দণ্ডৰ দৰে এবিধ পেঞ্চিল। সাধাৰণ পেঞ্চিলৰ দৰে যিবোৰৰ ৰেপাৰ বা লেবেলৰ বাহিৰে আন কোনো আৱৰণ নাথাকে। ইয়াক প্ৰায়ে "কাঠবিহীন" পেঞ্চিল বুলি কোৱা হয়। মূলতঃ শিল্পৰ উদ্দেশ্যে ইয়াক ব্যৱহাৰ কৰা হয়। তৰল লিকুইড বা তৰল গ্ৰেফাইট্ পেঞ্চিল হৈছে কলমৰ চিয়াঁহীৰ দৰে লিখা পেঞ্চিল। ১৯৫৫ চনত প্ৰথমবাৰৰ বাবে এই প্ৰযুক্তি উদ্ভাৱন কৰিছিল স্ক্ৰিপ্ট’ আৰু পাৰ্কাৰ পেনছে। পাৰ্কাৰৰ তৰল সীহৰ সূত্ৰৰ প্ৰায় তিনিমাহ আগতে স্ক্ৰিপ্ট’ৰ লিকুইড গ্ৰেফাইট সূত্ৰ ওলাইছিল। স্বত্ব সম্পৰ্কীয় এক দীঘলীয়া যুঁজৰ পৰা হাত সাৰিবলৈ দুয়োটা কোম্পানীয়ে নিজৰ সূত্ৰসমূহ ভাগ-বতৰা কৰিবলৈ সন্মত হৈছিল। কয়লা কয়লা পেঞ্চিল কয়লাৰে তৈয়াৰ কৰা হয় আৰু ই গ্ৰেফাইট্ পেঞ্চিলতকৈ সম্পূৰ্ণ ক'লা ৰঙৰ দাগ সৃষ্টি কৰিব পাৰে, কিন্তু এই পেঞ্চিলৰ সহজে লেতেৰা হোৱাৰ প্ৰৱণতা থাকে আৰু গ্ৰেফাইটতকৈ অধিক ঘৰ্ষণ সৃষ্টি কৰে। ডুৱেটন কৌশলৰ বাবে চেপিয়া টোন আৰু বগা পেঞ্চিলো উপলব্ধ। কাৰ্বন পেঞ্চিল কাৰ্বন পেঞ্চিল সাধাৰণতে মাটি আৰু লেম্প ব্লেকৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয় যদিও ইয়াৰ ছেদ্ আৰু নিৰ্মাতাৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াবা কয়লা বা গ্ৰেফাইটৰ সৈতে মিহলি কৰা হয়। গ্ৰেফাইট পেঞ্চিলতকৈ ইহঁতে সম্পূৰ্ণ ক’লা ৰং উৎপন্ন কৰে, কয়লাতকৈ মসৃণ আৰু ইয়াত ধূলি আৰু দাগ কম থাকে। ইয়াৰ উপৰিও কয়লাৰ দৰেই ইহঁত বহুত ভালকৈ মিহলি হয়। ৰঙীন ৰঙীন পেঞ্চিল বা পেঞ্চিল ক্ৰেয়নত ৰং আৰু অন্যান্য বস্তুৰ সৈতে মমৰ দৰে পদাৰ্থ থাকে। কেইবাটাও ৰং প্ৰায়ে একেলগে মিহলি কৰা হয়। গ্ৰীজ গ্ৰীজ পেঞ্চিলে প্ৰায় যিকোনো পৃষ্ঠত (কাঁচ, প্লাষ্টিক, ধাতু আৰু ফটোকে ধৰি) লিখিব পাৰে। সাধাৰণতে পোৱা গ্ৰীজ পেঞ্চিল কাগজৰ আৱৰণত আবদ্ধ কৰা হয় (বেৰল আৰু চেনফৰ্ড পিল-অফ), অৱশ্যে ইয়াক কাঠত আবদ্ধ কৰিবও পাৰি (ষ্টেডটলাৰ অমনিক্ৰম)। পানীৰঙী পানীৰঙী পেঞ্চিল ৱাটাৰ কালাৰ কৌশলৰ সৈতে ব্যৱহাৰৰ বাবে ডিজাইন কৰা হৈছে। ইহঁতৰ দাগ সৃষ্টি কৰিবলৈ ব্যৱহাৰ হোৱা পদাৰ্থবিধ পানীৰে পাতল কৰিব পাৰি। ইয়াৰ বাদে চোকা, গাঢ় ৰেখাৰ বাবে পেঞ্চিলবোৰত পানী ব্যৱহাৰ নকৰিলেও হয়। পেঞ্চিলৰ দ্বাৰা কৰা ষ্ট্ৰ'ক পানী ব্যৱহাৰ কৰি ব্ৰাছেৰেও বিয়পাই দিব পাৰি। ব্যৱহাৰৰ দিশেৰে কাৰ্পেণ্টাৰ পেঞ্চিল কাৰ্পেণ্টাৰৰ পেঞ্চিল হৈছে এনে পেঞ্চিল যাৰ দুটা মূল ধৰ্ম আছে: ইয়াৰ আকৃতিৰ বাবে ই সহজে বাগৰি যাব নোৱাৰে আৰু ইয়াৰ গ্ৰেফাইট শক্তিশালী। এই প্ৰকাৰৰ আটাইতকৈ পুৰণি পেঞ্চিলডাল ১৭ শতিকাৰ আৰু ই বৰ্তমান ফেবাৰ-কেষ্টেলৰ সংগ্ৰহত থকা এজন জাৰ্মান কাঠমিস্ত্ৰীৰ পেঞ্চিল। কপি কৰা কপি কৰা পেঞ্চিল (বা মচিব নোৱাৰা পেঞ্চিল) হৈছে গ্ৰেফাইট পেঞ্চিল য'ত এটা ৰং যোগ কৰা হয় যিয়ে এটা মচিব নোৱাৰা চিন সৃষ্টি কৰে। ১৯ শতিকাৰ শেষৰ ফালে প্ৰেছ কপিৰ বাবে আৰু ফাউণ্টেইন পেনৰ ব্যৱহাৰিক বিকল্প হিচাপে এইবোৰ উদ্ভাৱন কৰা হৈছিল। ইহঁতৰ চিহ্নবোৰ প্ৰায়ে মানক গ্ৰেফাইট পেঞ্চিলৰ পৰা দৃশ্যগতভাৱে পৃথক কৰিব নোৱাৰি। ২০ শতিকাৰ মাজভাগলৈকে ইয়াৰ বহুল ব্যৱহাৰ হৈছিল। লাহে লাহে ইয়াৰ ঠাইত বল পেনৰ ব্যৱহাৰৰ পিছত এই পেঞ্চিলৰ ব্যৱহাৰ নোহোৱা হয়। অৱশ্যে ইটালীত নিৰ্বাচন আৰু গণভোটত কাগজৰ ভোটদানৰ বাবে ইয়াৰ ব্যৱহাৰ এতিয়াও আইন অনুসৰি বাধ্যতামূলক। আইলাইনাৰ মেক-আপৰ বাবে আইলাইনাৰ পেঞ্চিল ব্যৱহাৰ কৰা হয়। আইলাইনাৰ পেঞ্চিলত সাধাৰণতে বিষাক্ত নহোৱা ৰং থাকে। মচি পেলাব পৰা ৰং এই পেঞ্চিল, মম ভিত্তিক ৰঙীন পেঞ্চিলৰ দৰে নহয়। ইয়াৰ দাগ সহজেই মচি পেলাব পাৰি। ইহঁতৰ মূল ব্যৱহাৰ হৈছে স্কেচিং কিছুমান এনিমেটৰে গ্ৰেফাইট পেঞ্চিলৰ বিপৰীতে মচি পেলাব পৰা ৰঙৰ পেঞ্চিল পছন্দ কৰে কাৰণ ই ইমান সহজে লেতেৰা নহয় আৰু বিভিন্ন ৰঙে স্কেচত বস্তুবোৰ ভালদৰে পৃথক কৰাৰ সুবিধা দিয়ে। গ্ৰেডিং আৰু শ্ৰেণীবিভাজন গ্ৰেফাইট পেঞ্চিল মাটি আৰু গ্ৰেফাইটৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয় আৰু ইয়াৰ ছেদ্ আন্ধাৰ-পাতল ধূসৰৰ পৰা গাঢ় ক'লালৈকে ভিন্ন হয়: যিমানেই বেছিকৈ মাটি ব্যৱহাৰ হয় পেঞ্চিলডাল সিমানেই কঠিন বুলি ধৰা হয়। মূলতঃ বিভিন্ন ছেদ্ সৃষ্টি কৰিবলৈ আগ্ৰহী শিল্পীসকলৰ বাবে গ্ৰেডৰ বিস্তৃত পৰিসৰ উপলব্ধ। অভিযন্তাসকলে কঠিন পেঞ্চিল পছন্দ কৰে; কিয়নো এই পেঞ্চিলে সীহৰ আকৃতিত অধিক নিয়ন্ত্ৰণৰ সুবিধা দিয়ে। প্ৰস্তুতকাৰীসকলে তেওঁলোকৰ পেঞ্চিলসমূহক গ্ৰেডিং কৰি পৃথক কৰে, কিন্তু ইয়াৰ কোনো সাধাৰণ মানদণ্ড নাই। একে গ্ৰেডৰ কিন্তু বেলেগ বেলেগ নিৰ্মাতাই প্ৰস্তুত কৰা পেঞ্চিলে একে ধৰণৰ ছেদ প্ৰদান নকৰিবও পাৰে বা একে কঠিনতাও ভিন্ন মাত্ৰাৰ হ'ব পাৰে। ইউৰোপৰ বেছিভাগ নিৰ্মাতাই আৰু ইউৰোপৰ প্ৰায় সকলোৱেই তেওঁলোকৰ পেঞ্চিলক (সাধাৰণতে "কঠিনতা" বুলি ব্যাখ্যা কৰা হয়)ৰ পৰা (সাধাৰণতে "ক'লা")লৈকে আখৰেৰে চিহ্নিত কৰে, লগতে (সাধাৰণতে "সূক্ষ্মতা" বুলি ধৰা হয়, যদিও পেঞ্চিলৰ অৰ্থ জাপানত ইয়াক "দৃঢ়" বুলিও কোৱা হয়)। প্ৰামাণিক লিখা পেঞ্চিলক গ্ৰেড দিয়া হয়। এই নামটো ১৮৪৪ চনৰ পৰাই ব্যৱহাৰ কৰা হৈছিল। পেঞ্চিলৰ গ্ৰেড ক্ৰমাগতভাৱে কোমল লিডৰ বাবে আৰু আৰু ক্ৰমাগতভাৱে কঠিন লিডৰ বাবে আৰু আদি ক্ৰম বা একেৰাহে বা দ্বাৰা বৰ্ণনা কৰা হৈছিল। ২০২১ চনৰ হিচাপত, অতি কোমল, ক'লা ৰং চিহ্নিত পেঞ্চিলৰ পৰা আৰম্ভ কৰি অতি কঠিন, পোহৰ চিহ্নিত পেঞ্চিললৈকে পেঞ্চিলৰ এটা গোট সাধাৰণতে আটাইতকৈ কোমলৰ পৰা কঠিনলৈকে তলত দিয়া ধৰণৰ: তথ্যসূত্ৰ টোকা গ্ৰন্থপঞ্জী অতিৰিক্ত পঠন বাহ্যিক সংযোগ 12 2018 লিখন
86772
https://as.wikipedia.org/wiki/%E0%A6%A6%E0%A6%A6%E0%A7%8D%E2%80%8C%E0%A6%97%E0%A6%BE%E0%A6%82
দদ্‌গাং
গাং হৈছে মিচিং সম্প্ৰদায়ৰ মৃতকৰ সন্মানত পতা এক শ্ৰাদ্ধ অনুষ্ঠান। গাঙক দহা হিচাপে গণ্য কৰা হয়, ই হৈছে মৃতকৰ চূড়ান্ত বিদায় য’ত ভোজৰ আয়োজন কৰা হয়। মিচিংসকলৰ মতে গাং হৈছে মৃতকৰ সৈতে একেলগে ভাগ কৰা শেষ খাদ্য। এই বিশ্বাস অনুসৰি আচাৰ-অনুষ্ঠানৰ সময়ত যিজনৰ স্মৃতিত গাং কৰা হৈছে, তেওঁৰ কবৰত আয়োজন কৰা ভোজৰ আহাৰৰ এটা অংশ আগবঢ়াই দিয়াৰ প্ৰথাক বুজায়। যিকোনো ভোজৰ দৰেই এই অনুষ্ঠানটোৰ স্মৃতিত গীত আৰু নৃত্যৰ প্ৰয়োজন হয়। কেতিয়াবা পৰিয়ালবোৰে ইচ্ছাকৃতভাৱে গাং প্ৰদৰ্শন কৰাৰ আগতে এবছৰতকৈও অধিক সময় বা হয়তো তাতোকৈ বেছি সময় অপেক্ষা কৰে, কিয়নো মৃতকৰ স্মৃতিবোৰ বহুদিনলৈ তেওঁলোকৰ মনত সতেজ হৈ থাকে আৰু স্মৃতিবোৰে মৃতক আৰু তেওঁলোকৰ মাজত সংযোগ প্ৰদান কৰাৰ বাবে তেওঁলোকে সেই স্মৃতি এৰি দিবলৈ অনিচ্ছুক। গাং হৈছে মৃতকৰ পৰা এক আনন্দময় বিদায় যাতে তেওঁলোক পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ি যাব পাৰে, অৰ্থাৎ মৃত্যুৰ দেশলৈ আৰু শেষত পুনৰ্জন্মলৈকে। বৰ্ণনা মিচিং সম্প্ৰদায়ে পূৰ্বপুৰুষৰ নিৰ্দেশনাত বিশ্বাস কৰে। পূৰ্বপুৰুষৰ আশীৰ্বাদ আমন্ত্ৰণ কৰাটো প্ৰতিটো মিচিং প্ৰাৰ্থনা আৰু অনুষ্ঠানৰ এটা অংশ। সাধাৰণতে মিচিংসকলে মৃতকক কবৰ দিয়ে। মিচিংসকলৰ মৃতসকলৰ এটা বিশেষ সংস্থা থাকে, জীৱিতসকলে তেওঁলোকৰ পূৰ্বপুৰুষৰ সংস্থাক পথ প্ৰদৰ্শন আৰু আশীৰ্বাদেৰে তেওঁলোকৰ জীৱন শাসন কৰিবলৈ আহ্বান কৰে। গোম্পিৰ কুমছুং বা মিচিং অভিধানত গাংক মিচিঙৰ চূড়ান্ত মৃত্যুৰ অনুষ্ঠান বুলি সংজ্ঞায়িত কৰা হৈছে। এই অনুষ্ঠান ব্যক্তিৰ মৃত্যুৰ পিছত সুবিধাজনক সময়ত (সাধাৰণতে এবছৰ বা দুবছৰ ভিতৰত) কৰা হয়। গাং শব্দটোৰ “দ্-” মানে হৈছে ‘খাব’ গতিকে এনে পৰিপ্ৰেক্ষিতত গাঙৰ অৰ্থ “খাবলৈ আহক” বুলি ব্যাখ্যা কৰিব পাৰি। অৰ্থাৎ শেষৰ আহাৰ গ্ৰহণৰ বাবে মৃতকৰ সৈতে একেলগে ভোজ খাবলৈ মানুহক আমন্ত্ৰণ জনোৱা। সাধাৰণতে বিশ্বাস কৰা হয় যে এই শব্দটো অসমীয়া 'দহা' শব্দৰ সৈতে জড়িত হ’ব পাৰে যিটো মৃত্যুৰ পিছৰ দশম দিনত অসমীয়া হিন্দু সম্প্ৰদায়ে কৰা একেধৰণৰ মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠান। গাং সম্পন্ন নোহোৱালৈকে আত্মাৰ পৰৱৰ্তী জীৱনলৈ পৰিৱৰ্তন সম্ভৱ নহয় বুলি বিশ্বাস কৰা হয়। কিয়নো মৰ্ত্যলোকৰ সৈতে দীৰ্ঘদিনীয়া মোহ বা সংযোগ এতিয়াও আছে বুলি ধাৰণা কৰা হয়। এইটো এটা বিশৃংখল মৃতকৰ অনুষ্ঠান। অনুষ্ঠানৰ দিনটোৰ এসপ্তাহ বা দুসপ্তাহ আগতে ভকত বা পুৰোহিতসকলক খবৰ দিয়া হয়। ভকত আৰু পুৰোহিতসকল আহিবলৈ আৰম্ভ কৰাৰ লগে লগে ঘৰৰ পৰিয়ালৰ এজন সদস্য, সাধাৰণতে এগৰাকী মহিলাই ভৰি ধুই লয়। ঘৰৰ মহিলা আৰু যিসকলে পৰিয়ালটোক কামত সহায় কৰিবলৈ আহিছে, তেওঁলোকে পুৰোহিতসকলৰ পৰা আশীৰ্বাদ লয় যাতে তেওঁলোকে অনুষ্ঠানৰ কাম-কাজ সুচাৰুৰূপে চলাব পাৰে। তাৰ পিছত পৰিয়ালৰ সদস্যসকলে পুৰোহিতসকলক দিনটোৰ উদ্দেশ্য ঘোষণা কৰাৰ পৰাই গাংৰ আনুষ্ঠানিক পৰিবেশন আৰম্ভ হয়। কেঁচা ৰূপত থকা সকলো খাদ্যৰ সৰু অংশ একোটা, পুৰোহিত আৰু জ্বলি থকা চাকি এটাৰ সন্মুখত ৰখা হয়। তাৰ পিছত পুৰোহিতসকলে এই খাদ্যবোৰক আশীৰ্বাদ দিয়ে যাতে এই বস্তুবোৰ প্ৰস্তুত কৰি সেৱন কৰিব পৰা যায়। খাদ্য প্ৰস্তুত কৰি পুৰোহিতসকলে আশীৰ্বাদ দিয়াৰ পিছত এই পবিত্ৰ খাদ্যৰ এটা অংশ আৰু উত্তম মানৰ আপংৰ এটা অংশ বিদায়ী পৰিয়ালৰ সদস্যজনৰ কবৰত আগবঢ়োৱা হয়। এই কাৰ্য্যই এই বিশ্বাসৰ প্ৰতীক যে মৃতকৰ আত্মাই সজীৱ ৰূপত আহি আহাৰ গ্ৰহণ কৰি তেওঁলোকক সন্তুষ্ট আৰু পূৰ্বৰ জীৱনৰ পৰা মুক্ত কৰি পেলাব পাৰে। এই ইংগিতৰ পিছতহে পুৰোহিত আৰু অতিথিসকলৰ মাজত খাদ্য বিতৰণ কৰা হয়। মহিলাসকলে ভাত উতলাই আপং প্ৰস্তুত কৰিবলৈ সিজোৱা চাউলৰ পৰা আপং বনাব লাগে। ঘৰৰ এটা সুকীয়া অংশত গাহৰি আৰু হাঁহ-কুকুৰা বধ কৰা হয়। ভোজৰ বাবে বহুত পৰিমাণৰ মাংস বিশেষকৈ গাহৰিৰ মাংস প্ৰস্তুত কৰা হয়। পৰম্পৰাগতভাৱে মিছিংসকলে তেওঁলোকৰ খাদ্যক তিনিটা মূল বস্তুত ভাগ কৰে ক’ৰ (আৰম্ভণিৰ খাদ্য), আপিন (ৰন্ধা চাউল), আৰু অইং (ভাতৰ সৈতে খাবলগীয়া গ্ৰেভি ভিত্তিক বস্তু)। কোৰ, যিটো নিৰামিষ বা অনিৰামিষভোজী হ’ব পাৰে, প্ৰথমে আপংৰ সৈতে পৰিবেশন কৰা হয়। আলহীসকল আহিবলৈ আৰম্ভ কৰাৰ লগে লগে পুৰোহিতৰ সন্মুখত উপযুক্ত শ্ৰদ্ধা জনোৱাৰ পিছত তেওঁলোকক খাদ্য আৰু আপং দিয়া হয়। এই অনুষ্ঠানৰ অংশ হিচাপে পৰিয়ালৰ সদস্যসকলে পুৰোহিতসকলক আৰু পৰিয়ালটোক সহায় কৰিবলৈ অহা সকলো লোকক কিছু ধন (পৰ্যায় পৰিয়ালৰ ওপৰত নিৰ্ভৰ কৰে) আগবঢ়ায়। মৃতকক শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা মানুহে মৃতকক নৈবেদ্যৰ ৰূপ হিচাপে পুৰোহিতৰ সন্মুখত ধন ৰাখে। যি ধন আগবঢ়োৱা হয়, সেই ধন সংগ্ৰহ কৰি পুৰণি প্ৰজন্মৰ মাজত বিতৰণ কৰা হয়, বিশেষকৈ যিসকলে বহুত কষ্ট কৰি আৰু দূৰৰ পৰা আহিছে। কেতিয়াবা পৰিয়ালটোৱে পুৰোহিত আৰু বৃদ্ধ অতিথিসকলক নতুন কাপোৰ আগবঢ়ায়। ধৰ্মীয় ৰীতি-নীতি পালন কৰাৰ পিছত পুৰোহিতসকল সেৱা জনাই পৰিয়ালৰ লোকে বিদায় দিয়ে। খাদ্য, পানীয়, নৃত্য-গীতৰে অতিথিসকলৰ মাজত এক উদযাপনৰ আৱেগ সৃষ্টি হয়, নৃত্য-গীতৰ সময়ত পৰিয়ালৰ শোক শেষ হয়। গাঙে শোকৰ সময়ছোৱাৰ এক সুকীয়া অন্ত চিহ্নিত কৰে। ই জীৱনৰ ধাৰাবাহিকতাৰ প্ৰতীক আৰু জীৱিত পৰিয়ালৰ সদস্যসকলে নিজৰ স্বাভাৱিক জীৱনটো আগবঢ়াই নিব লাগে বুলি বিশ্বাস কৰে। নৃত্য-গীতে তেওঁলোকক হেৰুৱাজনৰ শোকৰ পৰা আঁতৰি যোৱাত সহায় কৰে। তথ্যসূত্ৰ মিচিং জনগোষ্ঠী মৃত্যুৰ সৈতে সম্বন্ধিত
73818
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%A6%E0%A6%A8%20%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE
বদন বৰুৱা
বদন বৰুৱা একাধাৰে সাহিত্যিক, সাংবাদিক আছিল। তেখেতে মুম্বাইত সাংবাদিকতাৰ ডিপ্লোমা গ্ৰহণ কৰি আহি অসমৰ সংবাদ জগতখনক বিভিন্ন প্ৰকাৰে সমৃদ্ধ কৰিছিল। অসমৰ ভিতৰতে সৰ্বপ্ৰথম তেখেতৰ নামতেই বাতৰি কাকতত প্ৰকাশিত প্ৰথমটো একক বাতৰি প্ৰকাশ হৈছিল। ১৯৫১ চনত সাপ্তাহিক জনমভূমি কাকতত প্ৰথম সহকাৰী সম্পাদক হিচাবে যোগদান কৰিছিল। তেখেতৰ মৃত্যু হয় মৃত্যু ১৬ এপ্ৰিল,১৯৯৮ চনত। জন্ম আৰু বংশ পৰিচয় বদন বৰুৱাৰ জন্ম হয় ২০ জুলাই,১৯২২ চনত। জন্মস্থান যোৰহাট জিলা। সৰুচৰাইখাত দুলিয়া গাঁও (সেনচোৱা গাঁও)। পিতৃৰ নাম মৌজাদাৰ তিলোৰাম বৰুৱা আৰু মাতৃৰ নাম ৰেবতি বৰুৱা। শিক্ষা প্ৰাথমিক শিক্ষা: ২ নং প্ৰাথমিক স্কুল, যোৰহাট টাউন। হাইস্কুল: যোৰহাট গৱৰ্ণমেণ্ট হাইস্কুলৰ (১৯৩৫ চনৰ পৰা) কলেজীয়া শিক্ষা: কটন কলেজ,গুৱাহাটী। মুম্বাইত সাংবাদিকতাৰ ডিপ্লোমা গ্ৰহণ। কৰ্মজীৱন মুম্বাইৰ পৰা সংবাদিকতাত ডিপ্লোমা লৈ ঘূৰি আহি যোৰহাটত মজদূৰ কংগ্ৰেছৰ প্ৰথম অফিচ স্থাপন কৰি অফিচ পৰিচালনা আৰু মজদূৰৰ মাজত সংগঠনৰ কাম কৰিছিল। বৰুৱা ৰ সক্ৰিয় সদস্য আছিল। সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় মজদূৰ কংগ্ৰেছৰ কলিকতাত হোৱা প্ৰথমখন সভাত যোগদান কৰিছিল। তেখেতে কেইবাখনো কিতাপ সম্পাদনা আৰু প্ৰকাশ কৰিছিল। তাৰ ভিতৰত কবি গণেশ গগৈ আৰু কবি অমূল্য বৰুৱাৰ কিতাপো আছিল। ১৯৫১ চনত সাপ্তাহিক জনমভূমি কাকতত প্ৰথম সহকাৰী সম্পাদক হিচাবে যোগদান কৰি ৬ বছৰ শ্বিলঙত কাকতখনৰ প্ৰতিনিধি হিচাবে সাংবাদিকতা কৰিছিল। ১৯৫৮ চনত যোৰহাটলৈ ঘূৰি আহি জনমভূমি প্ৰতিষ্ঠানৰ জেনেৰেল মেনেজাৰ হিচাবে যোগদান কৰি ১৯৭৩ চনলৈ কাম কিৰিছিল। ১৯৭৩ চনত কাকতৰপৰা অব্যাহতি লৈ নিজৰ ছপাশাল প্ৰতিষ্ঠা কৰে। ১৯৫৮ চনৰ পৰা অসম আৰু ভাৰতৰ বিভিন্ন কাকত আৰু নিউজ এজেনচিৰ লগত বাতৰি যোগানিয়াৰ, প্ৰবন্ধ আৰু স্তম্ভ লিখক হিচাবে জড়িত হয়। বদন বৰুৱা জড়িত সংবাদ প্ৰতিষ্ঠানসমূহ ইউনাইটেড প্ৰেছ অফ ইণ্ডিয়া ইউ.পি. আই ইউনাইটেড নিউজ অফ ইণ্ডিয়া ইউ.এন.আই টাইমচ অফ ইণ্ডিয়া,কলিকতা সংস্কৰণ আৰম্ভণিৰ পৰা বন্ধ হোৱালৈ) ষ্টেটছমেন ১৯৬৫ চনৰ পৰা ১৯৭২ চন) দৈনিক অসম ১৯৬৫ চনৰ পৰা ১৯৮৬ চন) দি চেণ্টিনেল ১৯৮১ চনত প্ৰকাশ হোৱাৰ পৰা ১৯৯২ চনলৈ) আজিৰ অসম ১৯৮৭ চনত প্ৰকাশ হোৱাৰ পৰা ১৯৯৩ চনলৈ) অৱদান পৃথক শৈলীৰ সাংবাদিকতা হিচাবে দৈনিক অসম কাকতৰ তদানীন্তন সম্পাদক অনিল বৰুৱাৰ অনুৰোধত যোৰহাট নগৰৰ ওপৰত "যোৰহাটৰ গোলাপ ফুল" নামৰ এলানি প্ৰবন্ধ লিখিছিল, সেই প্ৰবন্ধ সমূহ পিছত ১৯৯৩ চনত কিতাপ আকাৰে প্ৰকাশ পায়। অসমৰ ভিতৰতে প্ৰথম তেখেতেই বাই লাইন পাইছিল, মানে বদন বৰুৱাৰ নিজৰ নামত বাতৰি প্ৰকাশ হৈছিল। "দৈনিক অসম" কাকতত প্ৰথম তেখেতৰ নামত বাতৰি প্ৰকাশ কৰা হৈছিল। তেখেতৰ অসম নাগালেণ্ড সীমান্ত বিবাদৰ বাতৰিয়ে লোকসভাতো আলোড়নৰ সৃষ্টি কৰিছিল। অসমৰ কৃষি অৰ্থনীতি, কাজিৰঙা অভয়াৰণ্য, অসমৰ ৰাজনীতি আৰু ৰাজ্যখনৰ আৰু ৰাইজৰ সমস্যাৱলী সম্পৰ্কীয় আৰু বিভিন্ন বিষয়ত গভীৰ জ্ঞান আছিল। তেখেতৰ ছপাশালৰ পৰা যোৰহাটৰ কেইজনমান সাহিত্য অনুৰাগী লগ লাগি "ৰুণজুন" নামৰ এখন শিশু আলোচনী সম্পাদনা আৰু প্ৰকাশ কৰিছিল। "অমূল্য বৰুৱা চিঠিৰ যোগে মানুহজন" আৰু "কবি অমূল্য বৰুৱাৰ ব্যক্তিত্ব আৰু প্ৰতিভা" নামৰ দুখন কিতাপ নিজেই সম্পাদনা আৰু প্ৰকাশ কৰি ক্ৰমে ৰজামইদাম সাহিত্য সভা আৰু যোৰহাট সাহিত্য সভাক দান কৰিছিল। বদন বৰুৱা ‘সদৌ অসম মইনামেল’ৰ প্ৰতিষ্ঠাপক সকলৰ মাজৰ এজন আছিল আৰু ১৯৫২ চনত যোৰহাটতত অনুষ্ঠিত হোৱা মইনামেলৰ বাৰ্ষিক অধিবেশনৰ অভৰ্থনা সমিতিৰ সম্পাদক আছিল। সেইখন অধিবেশনলৈ প্ৰয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু আহিছিল। যোৰহাটত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্য্যায়ৰ ৱৰ্কিং জাৰনেলিষ্ট এছচিয়েচনৰ অধিবেশনৰ সভাপতি আছিল। যোৰহাটৰ ২০০ বছৰীয়া জয়ন্তী উৎসৱৰ স্মৃতিগ্ৰন্থৰ সম্পাদনা সমিতিৰ সদস্য আছিল। চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ পৰিচালনা কমিটিৰ সভাপতি আছিল। প্ৰকাশিত গ্ৰন্থ যোৰহাটৰ গোলাপ ফুল উকণি মৰা যন্ত্ৰ শিক্ষাৰ ক্ষেত্ৰত অৰাজকতা বঁটা আৰু সন্মান ১৯৯২ চনত পুৰ্বত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱমঞ্চৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ভিতৰতে শ্ৰেষ্ঠ সাংবাদিকৰ বঁটা। ১৯৯২ চনত চেণ্টিনেল গোষ্ঠী যে প্ৰদান কৰা শ্ৰেষ্ঠ অনুসন্ধানমূলক বঁটা। ১৯৯৪ চনত এম এল কাঠবৰুৱা ন্যাসে প্ৰদান কৰা শ্ৰেষ্ঠ গ্ৰাম্য সাংবাদিকতাৰ বঁটা। ১৯৮৯ চনত অসম চৰকাৰৰ পৰা সাংবাদিক পেনছন লাভ। তথ্যসূত্ৰ অসমৰ ব্যক্তি অসমীয়া সাহিত্যিক অসমীয়া
4252
https://as.wikipedia.org/wiki/%E0%A6%97%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A6%9F%E0%A7%80%20%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC
গুৱাহাটী বিশ্ববিদ্যালয়
গুৱাহাটী বিশ্ববিদ্যালয় বা গৌহাটী বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বিশ্ববিদ্যালয়। উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী আৰু অতি পুৰণি বিশ্ববিদ্যালয়খনে অসমৰ শৈক্ষিক, বৌদ্ধিক তথা ৰাজনৈতিক বাতাবৰণ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ইতিহাস গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় অধিনিয়ম ১৯৪৭ 1947) আৰু অসম বিধান সভাত প্ৰস্তাৱিত এক বিধেয়কৰদ্বাৰা ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা হয়। বিশ্ববিদ্যালয়খন বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু অসম চৰকাৰৰ যুটীয়া প্ৰচেষ্টাত প্ৰতিষ্ঠা কৰা হয়। ২৬ জানুৱাৰী ১৯৪৮ চনত গুৱাহাটী স্থিত অসমৰ প্ৰথমখন মহাবিদ্যালয় কটন কলেজৰ চুডমাৰ্চন হলত বিশ্ববিদ্যালয়ৰ প্ৰথমখন সভা অনুষ্ঠিত হয়। কটন কলেজৰ ভিতৰতে প্ৰথমে বিশ্ববিদ্যালয়খনৰ কাম-কাজ পৰিচালনা কৰা হৈছিল যদিও ১৯৫৫-৫৬ চনত ইয়াক জালুকবাৰীৰ গোপীনাথ বৰদলৈ নগৰলৈ স্থানান্তৰিত কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ। পৰিসীমা বিশ্ববিদ্যালয়খন গুৱাহাটী মহানগৰীৰ জালুকবাৰী অঞ্চলত অৱস্থিত। আনহাতে বিশ্ববিদ্যালয়খন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত, কামাখ্যা ৰে'ল ষ্টেছনৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে অৱস্থিত। বৰ্তমান সমগ্ৰ অঞ্চলটোক গোপীনাথ বৰদলৈ নগৰ নামেৰে জনা যায়। বিশ্ববিদ্যালয়ৰ পৰিসীমাৰ ভিতৰত ৩০০০ হাজাৰ ছাত্ৰ-ছাত্ৰী থাকিব পৰা আৱাসসমূহৰ লগতে শিক্ষক-কৰ্মচাৰীৰ আৱাসসমূহো আছে। স্বীকৃতি বিশ্ববিদ্যালয়খন ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ চমুকৈ বাংগালুৰুৰ দ্বাৰা মূল্যাঙ্কিত আৰু গ্ৰেড প্ৰাপ্ত। বিশ্ববিদ্যালয় সংগীত বিশ্ববিদ্যালয় সংগীতটোৰ ৰচক ভূপেন হাজৰিকা। এই গীতটো বিশ্ববিদ্যালয়ৰ সকলো অনুষ্ঠানৰ আৰম্ভণিতে পৰিৱেশন কৰা হয়। জিলিকাব লুইতৰে পাৰ এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত বয় জেউতি নিজৰাৰে ধাৰ শত শত বন্তিৰে জ্ঞানৰে দীপালীয়ে জিলিকাব লুইতৰে পাৰ সাঁচিপাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে সাৱটিব মহান মানৱতা বিজ্ঞানে আনিব জোঁৱাৰ নতুনৰ গতি খেদি ডেকা গাভৰু আমি নিৰ্ভীক এই শতিকাৰ অজ্ঞান চাকনৈয়া এফলীয়া কৰি থৈ মাৰি যাওঁ জীৱনৰ ডাৰ জিলিকাব লুইতৰে পাৰ। শৈক্ষিক দিশ বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰসমূহ কলা অসমীয়া বিভাগ অৰ্থনীতি বিভাগ শিক্ষাতত্ত্ব বিভাগ ইংৰাজী বিভাগ বুৰঞ্জী বিভাগ ৰাজনীতি-বিজ্ঞান বিভাগ সমাজতত্ত্ব বিভাগ আৰৱিক বিভাগ বাংলা বিভাগ বড়ো বিভাগ ইংৰাজী ভাষা শিক্ষণ বিভাগ বিদেশী ভাষা বিভাগ হিন্দী বিভাগ ভাষাতত্ত্ব বিভাগ গ্ৰন্থাগাৰ আৰু তথ্যবিজ্ঞান বিভাগ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ পাৰ্চি বিভাগ দৰ্শন বিভাগ মনোবিজ্ঞান বিভাগ সংস্কৃত বিভাগ সাংবাদিকতা আৰু গণ-সংযোগ অধ্যয়ন কেন্দ্ৰ বিজ্ঞান বিভাগ ৰসায়ন-বিজ্ঞান বিভাগ জীৱ-বিজ্ঞান বিভাগ গণিত বিভাগ উদ্ভিদ বিজ্ঞান বিভাগ ভেষজ বিজ্ঞান বিভাগ পদাৰ্থ-বিজ্ঞান বিভাগ পৰিসংখ্যা বিভাগ পৰিকলন অধ্যয়ন কেন্দ্ৰ ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰ জৈৱ-প্ৰযুক্তি অধ্যয়ন কেন্দ্ৰ জৈৱ-তথ্যপ্ৰযুক্তি অধ্যয়ন কেন্দ্ৰ ভূগোল অধ্যয়ন কেন্দ্ৰ নৃতত্ত্ব বিভাগ কম্পিউটাৰ বিজ্ঞান বিভাগ লোকসংস্কৃতি বাণিজ্য বিভাগ আইন বিভাগ সুবিধাসমূহ গ্ৰন্থাগাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ প্ৰথম অৱস্থাত ১৯৪৮ চনত গুৱাহাটীৰ চানমাৰীত (এতিয়া বিশ্ববিদ্যালয়ৰ পুৰণি কলনি নামেৰে জনাজাত) প্ৰতিষ্ঠা কৰা হয়। ১৯৬২ চনত সেই স্থানৰ পৰা বিশ্ববিদ্যালয়ৰ বৰ্তমান থকা স্থানলৈ স্থানান্তৰিত কৰা হয়। আনহাতে ১৯৮২ চনত গ্ৰন্থাগাৰটো বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈৰ নামেৰে নামকৰণ কৰা হয়। বৰ্তমান গ্ৰন্থাগাৰটোত ২৫,৯৪৯০খন কিতাপ, ১,০২২১২খন ২২৫০খন গৱেষণা গ্ৰন্থ আৰু পত্ৰ, ৬৯০৮খন প্ৰতিবেদন আৰু নিবন্ধ আৰু ৩০৬খন মানচিত্ৰ আছে। সাঁচিপাতৰ পুথি আছে ৪৫০০ খন। কৃষ্ণকান্ত সন্দিকৈৰ নিজা সংগ্ৰহৰ গ্ৰন্থ আছে ৭৫৯৩ খন। ইয়াত কম্পিউটাৰৰ দ্বাৰা কোনো গ্ৰন্থ অনুসন্ধান কৰাৰ ব্যৱস্থা ৰখা হৈছে। লগতে বিভিন্ন দৈনিক কাকত-আলোচনী অধ্যয়ন কৰাৰো ব্যৱস্থা আছে চিকিৎসালয় বিশ্ববিদ্যালয় ডাকঘৰ বিশ্ববিদ্যালয় বেঙ্ক অতিথিশালা প্ৰেক্ষাগৃহ: বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰেক্ষাগৃহটো বিশ্ববিদ্যালয়ৰ মুখ্য তোৰণ (পুৰণি)ৰ ওচৰত আৰু কলা ভৱনৰ কাষত অৱস্থিত। প্ৰায় ১৮০০ আসনযুক্ত বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ (চমুকৈ বি.কে.বি) অসমৰ বৃহৎ প্ৰেক্ষাগৃহসমূহৰ ভিতৰত অন্যতম। বিশিষ্ট অসমীয়া সাহিত্যিক, লোক সংস্কৃতিৰ গৱেষক তথা বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাতা বিৰিঞ্চি কুমাৰ বৰুৱাৰ নামেৰে প্ৰেক্ষাগৃহটিৰ নামকৰণ কৰা হয়। ছাত্ৰাবাস বিশ্ববিদ্যালয়খনত মুঠ ১২টা ছাত্ৰাৱাস আছে। লক্ষ্মীনাথ বেজবৰুৱা অসম আৰ্হি ৪ নং ছাত্ৰাৱাস অতুল চন্দ্ৰ হাজৰিকা অসম আৰ্হি ৫ নং ছাত্ৰাৱাস পদ্মনাথ গোহাঞিবৰুৱা অসম আৰ্হি ৬ নং ছাত্ৰাৱাস লাচিত বৰফুকন অসম আৰ্হি ৭ নং ছাত্ৰাৱাস জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাস জ্ঞানভিৰাম বৰুৱা অসম আৰ্হি ৯ নং আইন ছাত্ৰাৱাস মাধৱ বেজবৰুৱা ১ নং দুমহলীয়া ছাত্ৰাৱাস গোপীনাথ বৰদলৈ ২ নং তিনিমহলীয়া ছাত্ৰাৱাস বাণীকান্ত কাকতি ৩ নং দুমহলীয়া ছাত্ৰাৱাস ভুবনেশ্বৰ বৰুৱা ৪ নং তিনিমহলীয়া ছাত্ৰাৱাস ভি. ভেঙ্কত. ৰাও ৫ নং দুমহলীয়া গৱেষক ছাত্ৰাৱাস বাবু জগজিভন ৰাম গৱেষক ছাত্ৰাৱাস ছাত্ৰীনিবাস বিশ্ববিদ্যালয়ত মুঠ ৯টা ছাত্ৰীনিৱাস আছে। ৰাণী গাইডালু অসম আৰ্হি ২ নং আইন ছাত্ৰীনিৱাস চন্দ্ৰপ্ৰভা শইকীয়ানী অসম আৰ্হি ৩ নং ছাত্ৰীনিৱাস মূলা গাভৰু অসম আৰ্হি ১০ নং ছাত্ৰীনিৱাস নলিনীবালা দেৱী ১ নং দুমহলীয়া ছাত্ৰীনিৱাস ইন্দিৰা মিৰি ২ নং দুমহলীয়া ছাত্ৰীনিৱাস পুষ্পলতা দাস ৩ নং তিনিমহলীয়া ছাত্ৰীনিৱাস পদ্মাৱতী দেৱী ফুকননী ৪ নং দুমহলীয়া ছাত্ৰীনিৱাস মামণি ৰয়ছম গোস্বামী৫ নং দুমহলীয়া ছাত্ৰীনিৱাস গান্ধী ভৱন গৱেষক ছাত্ৰীনিৱাস ৮ নং তিনিমহলীয়া ছাত্ৰীনিৱাস তথ্য সংগ্ৰহ বাহ্যিক সংযোগ বিশ্ববিদ্যালয়ৰ ৱেবছাইট অসমৰ বিশ্ববিদ্যালয়সমূহ
32995
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A7%81%E0%A6%AC%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%9B%20%E0%A6%B9%E0%A7%87%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%A1
ৰুবিয়াছ হেগ্ৰিড
হেৰী পটাৰ ৰুবিয়াছ হেগ্ৰিড ৰুবিয়াছ হেগ্ৰিডৰ চৰিত্ৰত ৰব্বি কোলট্ৰেন হেৰী পটাৰ এণ্ড দ্য চেম্বাৰ অৱ ছিক্ৰেটছ (চলচ্চিত্ৰ)'ত হেৰী পটাৰ এণ্ড দ্য ফিল’ছ’ফাৰ্ছ ষ্টোন| হেৰী পটাৰ এণ্ড দ্য ডেডলী হোলোজ| জে কে ৰাউলিং ৰব্বি কোলট্ৰেন (বয়স্ক)মাৰ্টিন বেইফিল্ড (কিশোৰ) 1 গৃহ 1 ফ্ৰিডৱুল্ফা (মাক)গ্ৰপ (সতীয়া ভাতৃ) ৰুবিয়াছ হেগ্ৰিড জে কে ৰাউলিং সৃষ্ট হেৰী পটাৰ শৃংখলাৰ এক কাল্পনিক চৰিত্ৰ। “হেৰী পটাৰ এণ্ড দ্য ফিল’ছ'ফাৰ্ছ ষ্ট'ন”ত আবিৰ্ভাৱ ঘটা অৰ্ধ-দৈত্য আৰু অৰ্ধ-মানৱ হেগ্ৰিড হ’ল হগৱাৰ্টছৰ গৰখীয়া তথা ছাবিসমূহৰ ৰক্ষক। তৃতীয় উপন্যাস “হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অৱ আজকাবান”ত হেগ্ৰিডক যাদু প্ৰাণী সমূহৰ তত্ত্বাৱধানৰ শিক্ষক হিচাপে নিযুক্তি দিয়া হয় আৰু পিছলৈ তেওঁ অৰ্ডাৰ অৱ দ্য ফিনিক্সৰ এজন সদস্য হয়। চাৰিত্ৰিক বিকাশ ৰাউলিংৰ মতে হেগ্ৰিড এনে এটা চৰিত্ৰ যাক তেওঁ “প্ৰথমদিনাই” সৃষ্টি কৰিছিল। তেওঁৰ নামটিৰ বিষয়ে ৰাউলিঙে কয় “এক পুৰণি ইংৰাজী শব্দ-যাৰ অৰ্থ-তুমি যদি হেগ্ৰিড হ’লাহেতেন-এইটো এটা স্থানীয় শব্দ-তুমি ভয়ানক ৰাতিৰ সন্মুখীন হ’ব লগা হ’লহেতেন। হেগ্ৰিড এক বৃহত্ সুৰাপায়ী-আৰু তেওঁৰ বহুতো ভয়ানক ৰাতিৰ অভিজ্ঞতা আছে। ৰোজমেৰী গ’ৰিঙে তেওঁৰ নিবন্ধ “হেৰীজ ফেম”ত কৈছে যে ৰাউলিঙৰ লিখনিত “ফৰেষ্ট অৱ ডীন”ৰ প্ৰভাৱ আছে আৰু হেগ্ৰিডেই একমাত্ৰ চৰিত্ৰ তাক “ফৰেষ্ট অৱ ডীনৰ পৰা পোনে পোনে অংকিত কৰা হৈছে”। গৰিঙৰ মতে হেগ্ৰিডৰ “শব্দৰ শেষ অংশ উচ্চাৰণ নকৰাটো এক চেপষ্ট’ৰ বিশেষত্ব। হেগ্ৰিডৰ চৰিত্ৰটো আৰু হেগ্ৰিডৰ জুপুৰীত হেৰী পটাৰ, ৰণ ৱিজলী আৰু হাৰমাইনী গ্ৰিঞ্জাৰৰ মাজৰ কথোপকথনে দৰাচলতে গোটেই শৃংখলাটিত এক ধাৰাভাষ্য হিচাপে কাম কৰে কিয়নো হেগ্ৰিডৰ লগত কথা পাতি ইহঁত তিনিও প্ৰায়েই হগৱাৰ্টছ আৰু এলবাছ ডাম্বলডোৰৰ বিষয়ে বিভিন্ন গোপন কথা আৱিষ্কাৰ কৰে কাৰণ হেগ্ৰিডৰ কথাৰ মাজতে ভুলতে নক’বলগীয়া কথা কৈ দিয়াৰ এক অভ্যাস আছে। হেগ্ৰিডেই প্ৰথমতে যাদুকৰ সকলৰ মাজত থকা বিশুদ্ধ তেজ আৰু লেতেৰা তেজৰ ধাৰণা যে বহু পুৰণি সেইকথা আন্গুলিয়াই দিয়ে। এক সাক্ষাত্কাৰত ৰাউলিঙে কয় যে ছাত্ৰাৱস্থাত হেগ্ৰিড গ্ৰীফিন্দৰ হাউছত আছিল হেগ্ৰিডে যেতিয়া আৰাগগ নামৰ এটা মকৰা পোহে তেতিয়া সেইটোৱেই স্লাইথেৰিণৰ দৈত্য বুলি ভাবি তেওঁক হগৱাৰ্ট্ছৰ পৰা উলিয়াই দিয়া হয়। যেতিয়া হেৰীয়ে হগৱাৰ্ট্ছত নাম ভৰ্তি কৰে তেতিয়া হেগ্ৰিডে হগৱাৰ্ট্ছৰ ছাবিৰ ৰখীয়া হৈ কাম কৰি থাকে যাৰ অৰ্থ ৰাউলিংৰ ভাষাত “সেইজন যিয়ে তোমাক হগৱাৰ্ট্ছৰ ভিতৰ সোমাবলৈ আৰু বাহিৰ ওলাবলৈ দিব”। তদুপৰি হেগ্ৰিডেই প্ৰথম বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰী সকলক তেওঁলোকৰ হগৱাৰ্ট্ছলৈ প্ৰথম আগমনৰ সময়ত নাৱেৰে হ্ৰদটো পাৰ কৰি দিয়ে। আবিৰ্ভাৱ হেৰী পটাৰ এণ্ড দ্য ফিল’ছ’ফাৰ্ছ ষ্টোন প্ৰথম উপন্যাস খনৰ প্ৰথম অধ্যায়তে ৰুবিয়াছ হেগ্ৰিডে আত্মপ্ৰকাশ কৰে। লৰ্ড ভ'লডেমৰ্টে জেমছ পটাৰ আৰু লিলি পটাৰক হত্যা কৰাত ডাম্বলডোৰে হেগ্ৰিডৰ ওপৰত বিশ্বাস স্থাপন কৰি কণমানি হেৰীক মাক-দেউতাকৰ ঘৰৰ পৰা উদ্ধাৰ কৰি আনিবলৈ পথিয়াই। যেতিয়া মিনাৰ্ভা মেকগোনাগলে ইমান এটা দৰকাৰী কামত হেগ্ৰিডক বিশ্বাস কৰাটো সঠিক হয়নে বুলি ডাম্বলডোৰক প্ৰশ্ন কৰে, ডাম্বলডোৰে কয় যে নিজৰ জীৱন জড়িত হৈ থকা কথাকলৈও তেওঁ হেগ্ৰিডক বিশ্বাস কৰে আৰু এই কথাষাৰ তেওঁ শৃংখলাটিত বহুবাৰ উল্লেখ কৰে যিহেতু তেওঁ হেগ্ৰিডক প্ৰায়ে কিছুমান গোপন কাম কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰে দহ বছৰ পিছত হেগ্ৰিডে গ্ৰিংগটছ ধনগুলৈ বেংকৰ পৰা ফিল’ছ’ফাৰ্ছ ষ্ট’নটি হগৱাৰ্ট্ছলৈ লৈ আহে আৰু তিনিমূৰীয়া কুকুৰ ফ্লাফীক ইয়াৰ পহৰা দিবলৈ থৈ দিয়ে। ডাম্বলডোৰে হেগ্ৰিডক হেৰীক বিচাৰি উলিওৱা আৰু যাদুবিশ্ব তথা বিদ্যালয়ৰ সামগ্ৰী সমূহ কিনাত সহায় কৰিবলৈ দ্বায়িত্ব দিয়ে। পিছলৈ হেগ্ৰিড ৰণ আৰু হাৰমাইনীৰো ভাল বন্ধু হৈ পৰে। কিতাপখনত পিছলৈ এক মুখ ঢকা অবয়ৱে(ছদ্মৱেশী কুইৰেল) হেগ্ৰিডক এটা ড্ৰ্ৰেগনৰ কণী দি ফ্লাফীৰ বিষয়ে জানি লয়। হেগ্ৰিডে ভুলবশতঃ হেৰী,ৰণ আৰু হাৰমাইনীৰ আগত কৈ দিয়ে যে সংগীত শুনাই ফ্লাফীকঅতি সহজে শুৱাই থৈ দিব পাৰি। ড্ৰেগনৰ কণীটো ফুকোৱাৰ পিছত তিনিও ড্ৰেগন পোৱালি নৰবাৰ্টক ৰণৰ ককায়েক চাৰ্লিয়ে কাম কৰা ৰোমানিয়াৰ ড্ৰেগন অভয়াৰণ্যলৈ পলুৱাই পঠিওৱাত হেগ্ৰিডক সহায় কৰে। হেৰী পটাৰ এণ্ড দ্য চেম্বাৰছ অৱ ছিক্ৰেটছ এই দ্বিতীয় উপন্যাসখনতহে পাঠকে হেগ্ৰিডক হগৱাৰ্ট্ছৰ পৰা অপসাৰণ কৰাৰ কাৰণটো গম পায়। এইটোও গম পোৱা যায় যে পিছলৈ লৰ্ড ভ'লডেমৰ্ট হিচাপে পৰিচিত হোৱা টম ৰিডল কনিষ্ঠ হগৱাৰ্ট্ছত পঢ়ি থকা সময়তেই হেগ্ৰিডো হগৱাৰ্ট্ছৰ ছাত্ৰ আছিল। তৃতীয় বাৰ্ষিকত থাকোঁতে হেগ্ৰিডক এৰাগগ নামৰ এক ভয়ানক মকৰাৰ সৈতে পোৱা যায় আৰু সকলোৱে ভাবে যে ইয়েই সেই "স্লিদেৰিণৰ দৈত্য"টি যাক হেগ্ৰিডে গোপন কোঠাৰ পৰা মুকলি কৰি দিছে আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে বা উদ্দেশ্যঅপ্ৰণোদিতভাভাৱে ছাত্ৰ-ছাত্ৰীসকলক আক্ৰমণ বা জড়ভৰত (একাৰ্থত হত্যা)কৰিবলৈ ব্যৱহাৰ কৰিছে। এই কাৰণতেই হেগ্ৰিডক বিদ্যালয়ৰ পৰা নাম কটাই দিয়া হয়। এৰাগগে অন্ধকাৰ অৰণ্যলৈ পলাই গৈ মকৰাৰ এক চুবুৰী গঢ়ি তোলে। আনহাতে প্ৰকৃত অপৰাধী টম ৰিডলে,যিয়ে বাছিলিস্ক নামৰ দৈত্যৰ সহায়ত ছাত্ৰ-ছাত্ৰী সকলক আক্ৰমণ কৰি আছিল,সকলোৰে মনত হেগ্ৰিড অপৰাধী বুলি থকা সন্দেহক ঘনীভূত কৰি তোলে। ঘটনাৰ পাকচক্ৰত বাছিলিস্কে পুনৰ বিদ্যালয়ত সন্ত্ৰাস চলায় আৰু হেগ্ৰিডকেই পুনৰ দোষী বুলি তেওঁক আজকাবান কয়দীশাললৈ পঠিওৱা হয়। কৰায়ত্ত হোৱাৰ আগতে হেগ্ৰিডে হেৰী আৰু ৰণক মকৰাবোৰক অনুসৰণ কৰা বুলি কৈ যায় যাতে দুয়ো এৰাগগক লগ ধৰি প্ৰকৃত দৈত্যটোৰ বিষয়ে জানিব পাৰে। হেৰীয়ে গোপন কোঠাত বাছিলিস্কক বধ কৰাৰ পিছত এইটো উদ্ঘাটন হয় যে প্ৰকৃততে জিনি ৱিজলীয়েহে টম ৰিডলৰ ডায়েৰীৰ প্ৰভাৱত কামবোৰ কৰি আছিল। তাৰ পিছত হেগ্ৰিডক মুক্তি দিয়া হয়। হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অৱ আজকাবান তৃতীয় উপন্যাসখনত প্ৰফেছৰ ছিলভেনাছ কেটলবাৰ্ণে হগৱাৰ্ট্ছৰ পৰা অৱসৰ লোৱাত,ডাম্বলডোৰৰ মতে যিয়ে নিজৰ অৱশিষ্ট অংগবোৰৰ সৈতে কিছু সময় কটাব বিচাৰে,হেগ্ৰিডক যাদু প্ৰাণীৰ তত্ত্বাৱধান বিষয়ৰ শিক্ষক হিচাপে নিয়োগ কৰা হয়। যিহেতু তেওঁৰ নামৰ সকলো অভিযোগ মিছা বুলি প্ৰমাণিত হয় সেয়েহে তেওঁক যাদু প্ৰয়োগৰ অনুমতি দিয়া হয়। প্ৰথম শ্ৰেণীতেই হেগ্ৰিডে তৃতীয় বাৰ্ষিকক বাকবীক নামৰ হিপ'গ্ৰিফটোৰ সৈতে চিনাকি কৰোৱায় কিন্তু, ড্ৰেকো মেলফয়ে তাক অপমান কৰাত সি ড্ৰেকোক আক্ৰমণ কৰে। ডাম্বলডোৰে হেগ্ৰিডক নিৰ্দোষী বুলি প্ৰমাণিত কৰে যদিও যাদু মন্ত্ৰালয়ে বাকবীকক মৃত্যুদণ্ডৰ আদেশ দিয়ে। এনেকৈয়ে হেগ্ৰিডৰ শ্ৰেণীটো বৰ বিৰক্তিকৰ হৈ পৰে আৰু হেৰী ,ৰণ আৰু হাৰমাইনীয়ে হেগ্ৰিডে বাকবীকক কেনেকৈ বচাব পাৰে সেই সম্বন্ধে তথ্য বিচাৰি সময় কটাব ধৰিলে। কিতাপখনৰ শেষৰফালে হাৰমাইনী আৰু হেৰীয়ে এটা সময় পৰিৱৰ্তকৰ সহায়ত বাকবীকক মৃত্যুৰ পৰা আৰু ছিৰিয়াচ ব্লেকক ডিমেনটৰৰ চুমাৰ পৰা ৰক্ষা কৰে। হেৰী পটাৰ এণ্ড দ্য গব্লেট অৱ ফায়াৰ চতুৰ্থ উপন্যাসখনত প্ৰকাশ হয় যে হেগ্ৰিড এক মিশ্ৰিত তেজৰ যাদুকৰ আৰু দৈত্যৰ সন্তান। তেওঁৰ মাক ফ্ৰিডৱুল্ফা এক দৈত্য আছিল যিয়ে হেগ্ৰিডৰ শিশু অৱস্থাতে যাদুকৰ দেউতাকক এৰি গৈছিল। যিহেতু দৈত্যবোৰ নিষ্ঠুৰ প্ৰকৃতিৰ আৰু এসময়ৰ ভ'লডেমৰ্টৰ সংগী,গতিকে হেগ্ৰিডে নিজৰ মাক দেউতাকৰ কথা গুপুতে ৰাখে আৰু মানুহবোৰক তেওঁৰ বৃহদাকাৰ শৰীৰৰ ৰহস্যৰ অন্য এক ব্যাখ্যা আগবঢ়ায় (প্ৰয়োজন নৌহওঁতেই এবটল হাড়-বাঢ় ঔষধ খোৱা)। হেগ্ৰিডৰ এই গুপ্ত পৰিচয় ৰীতা স্কিটাৰে ডেইলী প্ৰফেটত প্ৰকাশ কৰি দিয়ে আৰু হেগ্ৰিডক বিপদজনক(বিপদজনক জীৱ-জন্তুৰ প্ৰতি তেওঁৰ আকৰ্ষণৰ বাবে) আৰু অনুপযোগী হিচাপে বৰ্ণনা কৰে। এই ঘটনাত হেগ্ৰিডে বৰ দুখ পায় আৰু শিক্ষক পদৰ পৰা অব্যাহতি ল'ব খোজে অৱশ্যে ডাম্বলডোৰে তেওঁৰ এই আবেদন নাকচ কৰে। উপন্যাসখনত হেগ্ৰিডে আন এজনী অৰ্ধ দৈত্য যাদুকৰী আৰু ফৰাচী যাদু বিদ্যালয় বউবেটনৰ প্ৰধান শিক্ষয়িত্ৰী অলিম্প মেক্সিমৰ সৈতে এক প্ৰেমময় সম্পৰ্ক গঢ়ি তোলে। তদুপৰি হেগ্ৰিড সেইসকলৰ এজন আছিল যিয়ে আৰম্ভণিৰে পৰা বিশ্বাস কৰিছিল যে যাদুৰ ত্ৰিকোণীয় প্ৰতিযোগিতাত হেৰীয়ে নিজে নিজৰ নাম দিয়া নাছিল। পিছলৈ এলাষ্টৰ মুদীয়ে (প্ৰকৃততে ছদ্মবেশী বাৰ্টী ক্ৰাউচ কনিষ্ঠ) হেগ্ৰিডক প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ত যে ড্ৰেগনৰ সৈতে যুঁজিব লাগিব সেয়া হেৰীক দেখুৱাই দিবলৈ পৰামৰ্শ দিয়ে। তদুপৰি প্ৰতিযোগিতাৰ তৃতীয় পৰ্যায়ত ব্লাষ্ট এণ্ডেড স্ক্ৰুটছ বোৰৰ যোগানো হেগ্ৰিডেই ধৰিছিল। হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অৱ দ্য ফিনিক্স পঞ্চম উপন্যাসখনৰ প্ৰথমাংশত হেগ্ৰিড উপস্থিত নাথাকে। তেওঁ পিছত হেৰী,ৰণ আৰু হাৰমাইনীক কয় যে অৰ্ডাৰৰ এক অভিযান অনুসৰি তেওঁ আৰু মেডাম মেক্সিমে সমগ্ৰ ইউৰোপ ভ্ৰমণ কৰে আৰু দৈত্যসকলক বিচাৰি সিহঁতক ভাল পক্ষ ডাম্বলডোৰৰ পক্ষ ল'বলৈ অনুৰোধ কৰে। অৱশ্যে ডেথ্ ইটাৰ সকলেও দৈত্য সকলক বিচাৰি পায় আৰু ভ'লডেমৰ্টৰ সংগ লবলৈ মান্তি কৰায়। এই অভিযানত দৈত্যসকলে হেগ্ৰিডক আক্ৰমণ কৰে আৰু মেডাম মেক্সিমে তেওঁক বচায়। অৱশ্যে ওভটনি যাত্ৰাত দুয়ো বেলেগে বেলেগে আহে কাৰণ হেগ্ৰিডে তেওঁৰ সতীয়া ভাতৃ গ্ৰপক বিচাৰি পায় আৰু তাক ঘৰলৈ লৈ আহিবলৈ চেষ্টা কৰে যাক লৈ মেক্সিম বিৰক্ত হৈ পৰে। দৈত্যসকলৰ সৈতে থাকি যাব খোজা গ্ৰপে হেগ্ৰিডক যথেষ্ট আঘাতপ্ৰাপ্ত কৰে। হেগ্ৰিডে হেৰী আৰু হাৰমাইনীক তেওঁৰ সতীয়া ভাতৃৰ সৈতে চিনাকি কৰি দিয়ে আৰু তেওঁ হগৱাৰ্ট্ছ এৰি গ'লে তাক চোৱা-চিতা কৰিবলৈ অনুৰোধ কৰে। হগৱাৰ্ট্ছৰ উচ্চ তদন্তকাৰী বিষয়া ডলৰ্ছ আমব্ৰিজে হেগ্ৰিডকে ধৰি হগৱাৰ্ট্ছৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ শ্ৰেণীসমূহ নিৰীক্ষণ কৰে আৰু ডাম্বলডোৰৰ সৈতে ঘনিষ্ঠ বাবে হেগ্ৰিডক অপসাৰণ কৰাৰ চেলু বিচাৰি ফুৰে। কিতাপখনৰ শেষৰফালে আমব্ৰিজ আৰু মন্ত্ৰালয়ৰ অন্য বিষয়ববীয়াসকলে হেগ্ৰিডক কৰায়ত্ত কৰাৰ চেষ্টা কৰে। হেগ্ৰিড পলাই সাৰে কিন্তু তেওঁক বচাবলৈ গৈ প্ৰফেছৰ মেকগোনাগল আঘাতপ্ৰাপ্ত হয়। অৱশেষত যেতিয়া ডাম্বলডোৰ পুনৰ প্ৰধান শিক্ষক পদত অধিষ্ঠিত হয়,হেগ্ৰিড স্কুললৈ ঘূৰি আহে। হেৰী পটাৰ এণ্ড দ্য হাফ ব্লাড প্ৰিন্স ষষ্ঠ উপন্যাসখনত হেৰী,ৰণ আৰু হাৰমাইনীয়ে যাদু প্ৰাণীৰ তত্ত্বাৱধান বিষয়ৰ শ্ৰেণী নলয় আৰু তাকে লৈ কিতাপখনৰ প্ৰথমাংশত হেগ্ৰিড হতাশ আৰু খঙাল হৈ থাকে, কিন্তু শীঘ্ৰেই হেগ্ৰিডে বুজি পায় যে ইয়াৰ অৰ্থ এইটো নহয় যে সিহঁতে হেগ্ৰিডক বেয়া পায়। পিছলৈ যেতিয়া এৰাগগৰ মৃত্যু হয়,হেগ্ৰিডে প্ৰাণৰ ভয়কো নেওচি মকৰাটোৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ যায়। তাৰ পিছত তেওঁ আৰু হোৰাছ স্লাগহৰ্ণে অত্যধিক ফায়াৰহুইস্কী খাই দিয়ে আৰু এই সুযোগৰ সুবিধা লৈ হেৰীয়ে (যি সেইসময়ত ফেলিক্স ফেছিলিছ ঔষধ বা "পনীয়া সৌভাগ্য"ৰ প্ৰভাৱত আছিল) স্লাগহৰ্ণৰ পৰা এক স্মৃতি আহৰণ কৰে। কিতাপখনৰ শেষৰফালে ডেথ্ ইটাৰ বোৰে হগৱাৰ্ট্ছ আক্ৰমণ কৰে আৰু সিহঁতৰ লগত যুঁজ কৰোঁতে হেগৰিডৰ জুপুৰীটোত জুই লাগে। ডাম্বলডোৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত হেগ্ৰিডে ডাম্বলডোৰৰ শৰীৰটো কঢ়িয়াই নিয়ে। হেৰী পটাৰ এণ্ড দ্য ডেডলী হ’ল’জ সপ্তম উপন্যাসখনত হেৰীক ডাৰ্চলীসকলৰ ঘৰৰ পৰা যাদুৰে সুৰক্ষিত কৰি ৰখা বাৰ'লৈ নিবলৈ অৰ্ডাৰ অৱ ফিনিক্সে গঠন কৰা দলটিত হেগ্ৰিডো থাকে। হেগ্ৰিডে হেৰীক ছিৰিয়াছ ব্লেকৰ পৰা পোৱা উৰণীয়া মটৰচাইকেল খনত হেৰীক লৈ যায় কিন্তু ডেথ্ ইটাৰে তেওঁলোকক আক্ৰমণ কৰে। স্বয়ং ভ'লডেমৰ্টে আহি আক্ৰমণ কৰাৰ পিছত দুয়ো কোনোমতে আহি বাৰ' ত উপস্থিত হয়। বিল ৱিজলী আৰু ফ্লিউৰ ডেলেকৰৰ বিয়াৰ পিছত হেগ্ৰিডে পুনৰ হগৱাৰ্ট্ছলৈ উভতি যায়। কিতাপখনৰ শেষৰফালে ডেথ্ ইটাৰবোৰে নিয়ন্ত্ৰণ কৰা হগৱাৰ্ট্ছৰ ভয়াবহ পৰিবেশত হেগ্ৰিডে নিজৰ জুপুৰীত "হেৰী পটাৰক সমৰ্থন কৰা" শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰে ফলত ডেথ্ ইটাৰৰ ভয়ত ফেং আৰু গ্ৰপেৰে সৈতে পৰ্বতত গৈ লুকাই থাকে। হগৱাৰ্ট্ছৰ যুদ্ধৰ শেষত যেতিয়া হেৰীয়ে ভ'লডেমৰ্টৰ ওচৰত আত্মসমৰ্পণ কৰে তেতিয়া হেগ্ৰিডক ডেথ্ ইটাৰ শিবিৰত বন্দী হৈ থকা দেখা পোৱা যায়। হেগ্ৰিডক হেৰীক স্কুললৈ কঢ়িয়াই লৈ যাবলৈ বাধ্য কৰা হয় আৰু হেৰীয়ে পুনৰ্জীৱন পোৱা বুলি গম নাপায় পথত থকা অশ্বনৰবোৰক একো নকৰাকৈ চাই থকা বাবে দোষ দিয়ে। ইয়াৰ পিছত অশ্বনৰ সকলে যুদ্ধত অংশগ্ৰহণ কৰে আৰু ডেথ্ ইটাৰ,যাদু প্ৰাণীৰ জল্লাদ ৱাল্ডেন মেকনেয়াৰক নিজৰ প্ৰতিদ্বন্দ্ব্ব্বী বুলি ভাবি হেগ্ৰিডেও যুদ্ধৰ দ্বিতীয়াৰ্দ্ধত অংশগ্ৰহণ কৰে আৰু ভলডেমৰ্টক পৰাস্ত কৰাৰ পিছত হেৰীক পোনপ্ৰথমে অভিনন্দন জনায়। ৰাউলিঙৰ মতে অন্তিম কিতাপখনত থকা হেগ্ৰিডে হেৰীৰ শৰীৰটো মৃত বুলি ধৰি লৈ কঢ়িয়াই অনা দৃশ্যটো যথেষ্ট পৰ্য্যপূৰ্ণ কাৰণ "হেগ্ৰিডেই হেৰীক ডাৰ্ছলীহঁতৰ ঘৰৰ পৰা আনিছিল। হেগ্ৰিডেই হেৰীক যাদুবিশ্বলৈও আনিছিল… দৰাচলতে তেওঁ তাৰ অভিভাৱক বা দিকনিৰ্ণয়কাৰীৰ দৰে আছিল ...আৰু এতিয়া মই বিচাৰো হেৰীক অৰণ্যৰ পৰা কঢ়িয়াই অনা মানুহজন হেগ্ৰিডেই হওক। ৰাউলিঙে এয়াও কয় যে হেগ্ৰিডৰ কেতিয়াও মৃত্যুৰ ভয় নাছিল কাৰণ তেওঁৰ "মনত সদায় দৈত্যাকায় হেগ্ৰিডে হেৰীক কোলাত লৈ কান্দি কান্দি অৰণ্যৰ মাজেৰে আহি থকা দৃশ্যটো ভাঁহি আছিল। উপসংহাৰ হগৱাৰ্ট্ছৰ যুদ্ধৰ ঊনৈশ বছৰ পিছতো হেগ্ৰিড হগৱাৰ্ট্ছতেই থাকে যদিও তেওঁৰ সামৰ্থ্য কিমান তাক জনা নাযায় (কাৰণ এই সময়ত তেওঁ প্ৰায় ৮৭ বছৰীয়া হ'ব)। ঠিক হেৰীক মতাৰ দৰেই তেওঁ হেৰীৰ পুত্ৰ এলবাছক চাহ খাবলৈ নিজৰ জুপুৰীলৈ মাতে আৰু ইয়েই সূচায় যে হেৰী আৰু হেগ্ৰিডৰ মাজত তেতিয়াও ঘনিষ্ঠ সম্বন্ধ আছে। ২০০৭ চনত হেগ্ৰিডে বিয়া কৰালেনে নাই বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ৰাউলিঙে কয় যে হেগ্ৰিডে এজনী দৈত্যৰ সৈতে এক সম্বন্ধ গঢ়ি তুলিছিল যদিও ই বেছিদিন নিটিকিল। চলচ্চিত্ৰ ৰূপায়ণ স্কটিছ অভিনেতা ৰব্বি কোলট্ৰেনে হেৰী পটাৰ উপন্যাসসমূহৰ আটাইকেইখন চলচ্চিত্ৰ অভিযোজনতেই হেগ্ৰিডৰ চৰিত্ৰত অভিনয় কৰিছে। ৰাউলিঙৰ মনত আগৰেপৰা এই চৰিত্ৰটোৰ বাবে কোলট্ৰেনৰ কথা খেলাই আছিল আৰু তেওঁৰ তালিকাখনত কোন শীৰ্ষস্থানত আছে বুলি সোধাত একে উশাহেই "হেগ্ৰিডৰবাবেৰব্বিকোলট্ৰেন বুলি উত্তৰ দিছিল। কোলট্ৰেনে মন্তব্য দিছিল যে হেৰী পটাৰ ছবি সমূহৰ অংশ হোৱাটো "এক কাৰী ক্ষেত্ৰত জড়িত হোৱা। ৰাউলিঙে কোলট্ৰেনক হেগ্ৰিডৰ পটভূমিৰ বিষয়ে কিছু কৈছিল। ৰাউলিঙে এয়াও কয় যে, "ৰব্বি হেগ্ৰিডৰ কাৰণে সম্পূৰ্ণ নিখুঁট নিৰ্বাচন কাৰণ হেগ্ৰিড এক মৰমলগা,পছন্দ হোৱা আৰু কিছু জমনি চৰিত্ৰ[...] কিন্তু তেওঁৰ তুমি এয়া গম পাব লাগিব এক সুনিশ্চিত ভিতৰুৱা কঠিনতা আছে[...] আৰু মই ভাবো এই ক্ষেত্ৰত ৰব্বি একদম পাকৈত। ইংৰাজ ৰাগবী য়ুনিয়নৰ ফুটবলাৰ মাৰ্টিন বেইফিল্ডে তেওঁৰ গুৰুকায় শৰীৰৰ বাবে বিপদজনক দীঘলীয়া দৃশ্যসমূহত হেগ্ৰিডৰ ভাওঁ লৈছে। বেইফিল্ডে হেৰী পটাৰ এণ্ড দ্য চেম্বাৰ অৱ ছিক্ৰেটছত কিশোৰ হেগ্ৰিডৰ ভূমিকাতো অভিনয় কৰিছে। চৰিত্ৰায়ণ বাহ্যিক অৱয়ব ফিল'ছ'ফাৰ্ছ ষ্ট'নত হেগ্ৰিডক সাধাৰণ মানুহতকৈ দুগুণ ওখ আৰু পাঁচগুণ শকত বুলি কোৱা হৈছে কিন্তু ছবিখনত তেওঁক হিচাপে দেখুওৱা হৈছে আৰু পিছৰ কিতাপকেইখনত তেওঁক সাধাৰণ মানুহতকৈ তিনিগুণ শকত বুলি কোৱা হৈছে। হেগ্ৰিড তেওঁৰ পশ্চিমীয়া ধৰণৰ কথনশৈলীৰ বাবে জনাজাত। এজন অৰ্ধ-দৈত্য হোৱা হেতুকে তেওঁক যাদুবাণ আৰু মন্ত্ৰবোৰে মানুহতকৈ কম ক্ষতি সাধন কৰে। অৰ্ডাৰ অৱ দ্য ফিনিক্সত যেতিয়া আমব্ৰিজ আৰু অন্য যাদুকৰ সকলে তেওঁক হগৱাৰ্ট্ছৰ পৰা আঁতৰ কৰিবলৈ আহে তেতিয়া তেওঁ উভতি যুঁজ কৰে। তেওঁলোকে হেগ্ৰিডৰ ওপৰত যাদুবাণ আৰু মূৰ্ছাবান প্ৰয়োগ কৰে যদিও তেওঁ দৈত্যবংশী হোৱা সূত্ৰে লাভ কৰা প্ৰতিৰক্ষাৰ ফলত এইবোৰ তেওঁৰ গাত লাগি ওফৰি যায়। হাফ ব্লাড প্ৰিন্সৰ ফ্লাইট অৱ দ্য প্ৰিন্স অধ্যায়ত এই গুণতে হেগ্ৰিডে এজন ডেথ্ ইটাৰৰ শক্তিশালী যাদু সমূহৰ প্ৰতিৰোধ কৰিব পাৰে। কিছুমান ৰসায়ন যেনে কেৱল মানুহৰ কাৰণে নিৰ্মাণ কৰা পলীজ্যুচ ৰসায়ন আদিও হেগ্ৰিডৰ ক্ষেত্ৰত নিষ্ক্ৰিয়। ব্যক্তিত্ত্ব হেগ্ৰিড এক বন্ধুত্বপূৰ্ণ তথা কোমল হৃদয়ৰ ব্যক্তি আৰু তেওঁৰ সহজে চকুপানী ওলাই যিটো কথা প্ৰথম দৃশ্যতে দেখা যায় ,যেতিয়া ফিল'ছ'ফাছ ষ্ট'নত হেগ্ৰিডে হেৰীক ডাৰ্ছলীহঁতৰ ঘৰত থৈ আহে। বন্ধুৰ প্ৰতি তেওঁ খুবেই বিশ্বাসী,বিশেষকৈ ডাম্বলড'ৰৰ প্ৰতি যাক তেওঁ কেবাবাৰো পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ যাদুকৰ বুলি অভিহিত কৰে। ফিল'ছ'ফাৰ্ছ ষ্ট'নৰ প্ৰথম দৃশ্যতে দেখা যায় যে কোনোবাই তেওঁৰ ওচৰত ডাম্বলড'ৰক অপমান কৰিলে তেওঁ খঙত অগ্নিশৰ্মা হৈ পৰে(যেতিয়া ভাৰ্ণন ডাৰ্ছলীয়ে ডাম্বলড'ৰক এটা "পগলা মুৰ্খ বুঢ়া" বুলি কয়)। হেৰীৰ ক্ষেত্ৰতো তেওঁ খুবেই বিশ্বাসী আৰু এই বিশ্বাস ৰক্ষাৰ্থেই শৃংখলাটিত কেবাবাৰো কষ্ট ভুগিব লগীয়া হৈছে আৰু কাৰাগাৰলৈ নাযাবলৈ দুবাৰ আত্মগোপন কৰিবলগীয়া হৈছে। ৰাউলিঙে হেগ্ৰিডৰ বিষয়ে কৈছে "হেগ্ৰিড সদায় এক মৌলিক শক্তিৰ নিছিনা আছিল। তেওঁ যেন অৰণ্যৰ ৰজা নাইবা এক সেউজীয়া মানৱ। তেওঁ এক অৰ্ধবন্য মানুহ যিয়ে অৰণ্যৰ দাঁতিত বাস কৰে। যাদুকৰী সামৰ্থ্য আৰু দক্ষতা হগৱাৰ্ট্ছৰ পৰা উলিয়াই দিয়াৰ পিছত যাদু মন্ত্ৰালয়ে হেগ্ৰিডৰ ওক গছৰ যাদুদণ্ডডাল ভাঙি পেলাই আৰু তেওঁৰ যাদু প্ৰয়োগত প্ৰতিবন্ধকতা আৰোপ কৰে। হেগ্ৰিডে তেওঁৰ যাদুদণ্ডদাল এটা গুলপীয়া ছাতিৰ ভিতৰত সুমুৱাই থয় আৰু মাজে মাজে সৰু সুৰা যাদু প্ৰয়োগ কৰে; অৱশ্যে তৃতীয় কিতাপখনলৈ তেওঁৰ যাদু প্ৰয়োগত বাধা থাকে, আৰু যিহেতু তেওঁ পূৰ্ণ পৰ্যায়ৰ যাদুকৰ নহয়, তেওঁ অন্য বয়স্ক যাদুকৰ সকলতকৈ "সদায় কিছু অপৈণত হৈ থাকিব", কিন্তু তেওঁ "প্ৰায়ে কিছুমান আকৰ্ষণীয় যাদু প্ৰয়োগ কৰি সকলোকে,আনকি নিজকো আচৰিত কৰি তোলে। তদুপৰি দৈত্যৰ বংশধৰ হোৱাৰ সুবাদতে তেওঁ উত্তৰাধিকাৰী সূত্ৰেও কিছুমান যাদুকৰী শক্তি লাভ কৰে। উদাহৰণস্বৰূপে হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অৱ দ্য ফিনিক্সত মন্ত্ৰালয়ৰ যাদুকৰবোৰে নিক্ষেপ কৰা মূৰ্ছাবাণবোৰ হেগ্ৰিডৰ গাত লাগি ওফৰি যায়। পৰিয়াল গ্ৰপ গ্ৰপ হল এক দৈত্য আৰু হেগ্ৰিডৰ সতীয়া ভাতৃ। দুয়োৰে মাক একেজনীয়েই,ফ্ৰিডৱুল্ফা। গ্ৰপ প্ৰায় ওখ যিটো হেগ্ৰিডৰ মতে দৈত্যৰ হিচাপত সৰু। তাৰ আঙুলিৰ পাববোৰ একোটা ক্ৰিকেট বলৰ সমান ডাঙৰ (~২২৫ মিমি পৰিধিৰ)। অন্য দৈত্য সকলে মাৰ ধৰ কৰি থাকে বাবে হেগ্ৰিডে গ্ৰপক নিষিদ্ধ অৰণ্যলৈ লৈ আহে। সি মাত্ৰ কেইটামানহে ইংৰাজী শব্দ জানে আৰু তাৰ ব্যৱহাৰবোৰ বন্য আৰু অনুমান কৰিব নোৱাৰা বিধৰ। প্ৰথমতে গ্ৰপে হেগ্ৰিডে তাক সভ্য কৰিবলৈ চলাই থকা প্ৰচেষ্টাবোৰৰ প্ৰতি সঁহাৰি নিদিয়ে আৰু গছবোৰ উভালি সময় কটায় থাকিবলৈ পছন্দ কৰে। হেগ্ৰিডে হগৱাৰ্ট্ছ এৰি পলাই থকা সময়ত গ্ৰপক হেৰী,ৰণ আৰু হাৰমাইনীৰ তত্ত্বাৱধানত থৈ যায়। এবাৰ যেতিয়া হেৰী আৰু হাৰমাইনীয়ে অৰণ্যৰ মাজত অশ্বনৰসকলৰ সৈতে মুখামুখি হৈ এক বিপদজনক পৰিস্থিতিত পৰে তেতিয়া গ্ৰপে হেগ্ৰিডক 'হেগাৰ' বুলি মাতি তেওঁক বিচাৰি বিচাৰি অশ্বনৰ সকলৰ মনোযোগ আকৰ্ষণ কৰে। দ্য হাফ ব্লাড প্ৰিন্সত গ্ৰপক পৰ্বতলৈ লৈ যোৱা হয় য'ত থাকি সি বেছি আনন্দ পায়। আগতকৈ বহুত সভ্য আৰু শান্ত হৈ আৰু ভাল কাপোৰ-কানি পিন্ধি হসি হেগ্ৰিডৰ লগত ডাম্বলড'ৰৰ অন্ত্যেষ্টিক্ৰিয়াতো উপস্থিত থাকে। সি অনুভূতিবোৰো কিছু পৰিমাণে বুজি পায় আৰু হেগ্ৰিডক সান্ত্বনা দিবলৈ তেওঁৰ মূৰত লাহে লাহে থপৰিয়াই। হেৰী পটাৰ এণ্ড দ্য ডেডলী হ'ল'জত হেগ্ৰিডে তেওঁৰ জুপুৰীত "হেৰী পটাৰক সমৰ্থন কৰা" শীৰ্ষক এক অনুষ্ঠান আয়োজন কৰে ফলত গ্ৰপ,হেগ্ৰিড আৰু ফেং লুকাই ফুৰিবলগীয়া হয় আৰু এই ক্ষেত্ৰত গ্ৰপে তেওঁলোকক সহায় কৰে। গ্ৰপেই একমাত্ৰ দৈত্য যিয়ে হগৱাৰ্ট্ছৰ যুদ্ধত ভ'লডেমৰ্টৰ বিৰূদ্ধে যুঁজে। গ্ৰপ ভ'লডেমৰ্ট পৰাস্ত হোৱাৰ পিছত হোৱা বিজয় সৱটো ভাগ লয় (এখন খিৰিকিৰে হে কাৰণ হলঘৰটোত তাক নধৰে) আৰু হগৱাৰ্ট্ছৰ ছাত্ৰ-ছাত্ৰী সকলে তাৰ হাঁহি থকা মুখখনলৈ খাদ্য দলিয়াই তাৰ প্ৰতি থকা মৰম দেখুৱাই। পঞ্চম কিতাপখনৰ চলচ্চিত্ৰ অভিযোজনত দেখুওৱা গ্ৰপটো কম্পিউটাৰেৰে তৈয়াৰী। চলচ্চিত্ৰখনৰ কাৰণে এই দৈত্যটো সৃষ্টি কৰিবলৈ এন্দ্ৰিউ হোৱাইটহেডে প্ৰায় ১৮ মাহ কাম কৰে। গ্ৰপৰ চৰিত্ৰত কণ্ঠদান কৰিছে টনী ম'ডস্লীয়ে। মাক-দেউতাকদ্য গব্লেট অৱ ফায়াৰত হেগ্ৰিডৰ মাক দেউতাকৰ ৰহস্যটো ফাদিল হয়: শৃংখলাটিত এবাৰো নাম উল্লেখ নকৰা তেওঁৰ দেউতকে ফ্ৰিডৱুল্ফা নামৰ এজনী দৈত্য বিয়া কৰাইছিল। হেগ্ৰিড সৰু হৈ থাকোঁতেই তেওঁক দেউতাকৰ তত্ত্বাৱধানত থৈ ফ্ৰিডৱুল্ফা গুচি যায়। হেগ্ৰিডৰ মতে তাই বৰ মাতৃসুলভ নাছিল। পিছলৈ তাই গ্ৰপক জন্ম দিয়ে। অৰ্ডাৰ অৱ দ্য ফিনিক্সত হেগ্ৰিডে দৈত্যসকলক বিচাৰি যোৱাৰ বহু আগতেই তাইৰ মৃত্যু ঘটে। হেগ্ৰিডৰ মতে তেওঁৰ দেউতাক "এটা কণমানি মানুহ" আছিল যাক তেওঁ ছয় বছৰ বয়সতে এখন হাতেৰে উঠাই আলমাৰিৰ ওপৰত থৈ দিব পাৰিছিল। হেগ্ৰিডে তেওঁক খুব ভাল পাইছিল। হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অৱ আজকাবানত হেগ্ৰিডে কয় যে হগৱাৰ্ট্ছৰ তৃতীয় বাৰ্ষিকত থাকোঁতে দেউতাকৰ মৃত্যু হোৱাটো তেওঁৰ জীৱনৰ আটাইতকৈ দুখলগা স্মৃতি। পোহনীয়া জীৱ-জন্তু হেগ্ৰিডৰ এনে কিছুমান পোহনীয়া জন্তু আছে যাক যাদুবিশ্বৰ মানুহবোৰে পোহাটো অসম্ভৱ বুলি ভাৱে আৰু বিপদজনক প্ৰাণীৰ প্ৰতি হেগ্ৰিডৰ এই প্ৰেমে শৃংখলাটোৰ বহুকেইখন কিতাপৰ কাহিনীত কেন্দ্ৰীয় ভূমিকা গ্ৰহণ কৰে। এৰাগগ এৰাগগ আছিল এক আৰু বিপদজনক কথা ক'ব পৰা এটা মকৰা—যিয়ে চিকাৰৰ সন্ধানত ভ্ৰমণ কৰিলে এক ক্লিক ক্লিক মাত ওলায়। হগৱাৰ্ট্ছত ছাত্ৰ হৈ থাকোঁতে এটা কণীৰ পৰা হেগ্ৰিডে তাক আলমাৰিত লুকাই লুকাই ডাঙৰ কৰিছিল। হেগ্ৰিড তৃতীয় বাৰ্ষিকত থাকোঁতে টম ৰিডলে হেগ্ৰিডক এৰাগগৰ লগত কথা পাতি থকা আৱিষ্কাৰ কৰে আৰু প্ৰচাৰ কৰে যে এৰাগগেই "শ্লিদেৰিণৰ ৰাক্ষস"টো আৰু হেগ্ৰিডেই গোপন কোঠাটো খুলিছে। কিন্তু বাস্তৱত ৰিডলেহে কোঠাটো খুলিছিল আৰু ৰাক্ষসটো আছিল এটা বাছিলিস্ক। হেগ্ৰিডক অপসাৰণ কৰাৰ পিছত এৰাগগে নিষিদ্ধ অৰণ্যত বাস কৰে। হেগ্ৰিডে তাক মোছাগ নামৰ এজনী সংগী বিচাৰি দিয়ে যাৰ লগত এৰাগগে দৈত্যকাৰ মকৰাৰ এক চুবুৰী গঢ়ি তোলে। গোটেই জীৱনটো সি হেগ্ৰিডৰ ওচৰত কৃতজ্ঞ হৈ থাকে আৰু হেগ্ৰিডে তাক লগ কৰিবলৈ আহিলে আঘাত নিদিবলৈ তাৰ মাংসভোজী সন্তানবোৰক আদেশ দি থয়। অৱশ্যে হেৰী পটাৰ এণ্ড দ্য চেম্বাৰ অৱ ছিক্ৰেটছত সি সন্তানবোৰক হেৰী,ৰণ আৰু ফেঙক আক্ৰমণ কৰিবলৈ বাধা নিদিয়ে। হেগ্ৰিডে সিহঁতক "মকৰা বোৰক অনুসৰণ কৰা" বুলি পৰামৰ্শ দিয়ে। এৰাগগেই হেৰী আৰু ৰণক কয় যে স্লিদেৰিণৰ ৰাক্ষসটো সি নহয় বৰং হগৱাৰ্ট্ছতে জন্ম লাভ কৰা এক প্ৰাণী যাক মকৰাবোৰে ইমানেই ভয় কৰে যে কেতিয়াও তাৰ নাম নলয়। এৰাগগৰ সন্তানবোৰে হেৰীহঁতক আক্ৰমণ কৰিলেও মি০ ৱিজলীৰ উৰণীয়া গাড়ীখনে সিহঁতক ৰক্ষা কৰে। জীৱনৰ বাকীছোৱা এৰাগগে নিষিদ্ধ অৰণ্যতেই থাকে আৰু বুঢ়া হৈ হেৰী পটাৰ এণ্ড দ্য হাফ ব্লাড প্ৰিন্সত তাৰ মৃত্যু ঘটে। সন্তানবোৰে তাৰ দেহটো নষ্ট কৰি পেলাব বুলি হেগ্ৰিডে এৰাগগৰ দেহটো লৈ আহি তাক সসন্মানে সমাধিস্থ কৰে। এৰাগগৰ সন্তানবোৰ হেৰী পটাৰ এণ্ড দ্য ডেডলী হ'ল'জৰ হগৱাৰ্ট্ছৰ যুদ্ধত অৰণ্যৰ পৰা ওলাই আহে আৰু যাকে পায় তাকে আক্ৰমণ কৰে। হেগ্ৰিডে সিহঁতক ৰক্ষা কৰিবলৈ যায় আৰু তাৰেই প্ৰতিদান হিচাপে সিহঁতে হেগ্ৰিডক ধৰি ভ'লডেমৰ্টৰ হাতত গতাই দিয়ে। দ্য চেম্বাৰ অৱ ছিক্ৰেটছৰ চলচ্চিত্ৰ অভিযোজনত জুলিয়ান গ্লোভাৰে এৰাগগৰ ভূমিকাত কণ্ঠদান কৰে। বাকবীক হেগ্ৰিডৰ এটা যাদু প্ৰাণীৰ তত্ত্বাৱধান বিষয়ৰ শ্ৰেণীত বাকবীকৰ লগতে আৰু এঘাৰটা হিপ'গ্ৰিফে আত্মপ্ৰকাশ কৰে। হেগ্ৰিডে বুজাই যে হিপগ্ৰিফবোৰ যথেষ্ট শান্ত,শক্তিশালী আৰু গৌৰৱী প্ৰাণী,কিন্তু সিহঁত বৰ অনুভূতিপ্ৰৱণ আৰু সিহঁতে সন্মান দাবী কৰে। হেৰীয়ে বাকবীকৰ কাষ চাপিবলৈ সক্ষম হয় আৰু বাকবীকে হেৰীক পিঠিত উঠাই স্কুলৰ চাৰিওফালে এপাক ঘূৰাই আনে। ড্ৰেকো মেলফয়েও এক অহং ভাৱত হেগ্ৰিডৰ হাকবচন নামানি বাকবীকৰ পিঠিত উঠি দেখুওৱাবলৈ যায় আৰু বাকবীকৰ বিষয়ে তুচ্ছ মন্তব্য কৰে। ইয়াত খং খাই বাকবীকে ড্ৰেকোৰ হাতত তাৰ হাতোঁৰাৰে এখুন্দা দিয়ে। অলপ আঘাতকে বেছি বুলি কৈ ড্ৰেকোৱে দেউতাক লুছিয়াছ মেলফয়ক ৰাজনৈতিক শক্তি প্ৰয়োগ কৰি বাকবীকক মৃত্যুদণ্ড দিবলৈ দাবী কৰে। হেগ্ৰিডৰ আৱেদন অগ্ৰাহ্য কৰি বাকবীকক মৃত্যুদণ্ড দিবলৈ বিপদজনক প্ৰাণী সংহাৰ সমিতিৰ সদস্য সকল হগৱাৰ্ট্ছত উপস্থিত হয়। হাৰমাইনী আৰু হেৰীয়ে এটা সময় পৰিৱৰ্তকৰ সহায়ত অতীতলৈ গৈ বাকবীকক ৰক্ষা কৰে আৰু ডিমেনটৰ বোৰক গতোৱাৰ আগতে বন্দী কৰি ৰখা দূৰ্গৰ পৰা ছিৰিয়াছ ব্লেকক উদ্ধাৰ কৰে। ছিৰিয়াছে বাকবীকৰ পিঠিত উঠি পলাই যায়। হেৰীৰ চতুৰ্থ বছৰটোৰ বেছিভাগ সময় ছিৰিয়াছ আৰী বাকবীকে হগছমীডৰ ওচৰৰ পৰ্বত এখনৰ গুহাত লুকাই থাকি কটায়। তাৰ পিছত তেওঁলোকে নাম্বাৰ ১২ গ্ৰিম'ল্ড প্লেচত থাকে য'ত বাকবীকে ছিৰিয়াছৰ মৃতা মাকৰ কোঠাত থাকে। হাফ ব্লাড প্ৰিন্সত হেৰীয়ে বাকবীকক লাভ কৰে আৰু সি হেগ্ৰিডক ইয়াৰ চোৱা চিতা কৰিবলৈ দি দিয়ে। মন্ত্ৰালয়ৰ বিষয়াসকলে সন্দেহ নকৰিবলৈ ইয়াক "ৱিদাৰৱিংছ" নাম দিয়া হয়। এক বিশ্বাসী প্ৰাণী হিচাপে বাকবীকে কিতাপখনৰ শেষত চেভেৰাছ স্নেইপক হেৰীৰ ওচৰৰ পৰা খেদি পঠিয়াই। হগৱাৰ্ট্ছৰ যুদ্ধত বাকবীকে থেষ্ট্ৰেলবোৰক লৈ ভলডেমৰ্টৰ বিৰূদ্ধে যুঁজে। ফেং ফেং হ'ল এটা ডাঙৰ বোৱাৰহাউণ্ড(ছবিখনত এটা নীপোলিটান মেস্তিফ) যি অতি হ'লেও এটা অতি সাধাৰণ কুকুৰ। হেগ্ৰিডৰ মতে, "সি এটা মস্ত ভয়াতুৰ। সি চিনাকি মানুহবোৰৰ সৈতে থকিবলৈ পছন্দ কৰে আৰু হেৰী,ৰণ বা হাৰমাইনীৰ মুখ বা কাণখন চেলেকি থাকি ভাল পায়। দ্য ফিল'ছ'ফাছ ষ্ট'নত এটা আঘাতপ্ৰাপ্ত ইউনিকৰ্ণক বিচাৰি হেৰী,হেগ্ৰিড,ড্ৰেকো আৰু হাৰমাইনীৰ লগত নিষিদ্ধ অৰণ্যলৈ যায়। দ্য চেম্বাছ অৱ ছিক্ৰেটছত হেৰী আৰু ৰণে অৰণ্যলৈ ফেঙকো লৈ যায় য'ত সি দৈত্যাকাৰ মকৰাবোৰ আৰু উৰণীয়া গাড়ীখন দেখি ভয়ত বিতত হয়। হেৰী পটাৰ এণ্ড দ্য হাফ ব্লাড প্ৰিন্সত এটা পলৰীয়া ডেথ্ ইটাৰে ফেং ভিতৰত থাকোঁতেই হেগ্ৰিডৰ ঘৰটোত জুই লগাই দিয়ে; তেতিয়া হেগ্ৰিডে জুই লগা ঘৰটোত সোমাই ফেঙক সুৰক্ষিতভাৱে উলিয়াই আনে। হেৰী পটাৰ এণ্ড দ্য ডেডলী হ'ল'জত ফেং আৰু হেগ্ৰিডে হগৱাৰ্ট্ছৰ যুদ্ধত অংশগ্ৰহণ কৰে যদিও ফেঙে কি কৰে সেয়া জনা নাযায়। ফেং নিশ্চিত ভাৱে বাচি থাকে কাৰণ পিছলৈ হেগ্ৰিডক ফেঙৰ কাৰণে দুখী হোৱা দেখা নাযায়। হেৰীৰ সন্তান হগৱাৰ্ট্ছলৈ অহালৈকে ফেং বাচি থাকে নে নাই সেয়াও জনা নাযায়। ফ্লাফী ফ্লাফী হৈছে এটা দৈত্যাকায় তিনিমূৰীয়া কুকুৰ যাক হেগ্ৰিডে ফিল'ছ'ফাৰ্ছ ষ্ট'ন থকা গোপন কোঠাটোৰ গুপ্তদুৱাৰখন পহৰা দিবলৈ ৰাখি থৈছিল। কেৱল গীত বজাই শুৱাই থৈ হে ফ্লাফীক পাৰ হৈ যাব পাৰি। গ্ৰীক সাধুকথাৰ নৰকৰ দুৱাৰত পহৰা দিয়া তিনিমূৰীয়া কুকুৰ ছেৰবেৰাছৰ ওপৰত ফ্লাফী আধাৰিত। ফ্লাফীৰ দৰে ছেৰবেৰাছকো অৰফিয়াছে সংগীতেৰে শুৱাই থৈছিল। ফিল'ছ'ফাৰ্ছ ষ্ট'নত পীভ্ছ আৰু ফিলছৰ পৰা পলাই ফুৰোতে এদিন হেৰী,ৰণ,হাৰমাইনী আৰু নেভাইলে দুৰ্ঘটনাবশতঃ ফ্লাফীৰ ওচৰ পাইগৈ। ফ্লাফীয়ে ফিল'ছ'ফাৰ্ছ ষ্ট'নটি পহৰা দি থাকোঁতে ভ'লডেমৰ্টৰ সেৱক প্ৰফেছৰ কুইৰেলে ষ্ট'নটি পাবলৈ হাৰ্প বজাই ফ্লাফীক শুৱাই থয় আৰু হেৰীয়ে ষ্ট'নটি উদ্ধাৰ কৰিবলৈ যাঁওতে হেগ্ৰিডে দিয়া এটা বাঁহী ব্যৱহাৰ কৰে। এক কাৰত ৰাউলিঙক ষ্ট'নটিৰ পহৰাদাৰৰ প্ৰয়োজন নোহোৱাত ফ্লাফীৰ কি হ'ল বুলি সোধাত তেওঁ ফ্লাফীক নিষিদ্ধ অৰণ্যত এৰি দিয়া হয় বুলি কয়। নৰবাৰ্টা নৰবাৰ্টা বা নৰবাৰ্ট হ'ল এটা নৰৱেইয়ান ৰিজবেক ড্ৰেগন যাক হেগ্ৰিডে হগছ হেডত এজন ৰহস্যময়,মুখঢকা অচিনাকি মানুহৰ পৰা কণী অৱস্থাতে পাইছিল যি দৰাচলতে প্ৰফেচৰ কুইৰেল আছিল। হেগ্ৰিডে ড্ৰেগনটোক কণীৰ পৰা ওলাবলৈ সহায় কৰে। পিছৰ কেইসপ্তাহমানতে নৰবাৰ্টা বহু ডাঙৰ আৰু বিপদজনক হৈ পৰে। সি ৰণক কামোৰে আৰু তাৰ দাঁতত থকা বিষৰ কাৰণে ৰণে সা গ্ৰহণ কৰিবলগীয়া হয়। হেৰী,ৰণ আৰু হাৰমাইনীয়ে ড্ৰেগনটিক ৰোমানিয়াত ড্ৰেগনৰ বিষয়ে পঢ়ি থকা ৰণৰ ককায়েক চাৰ্লি ৱিজলীৰ ওচৰলৈ পঠিয়াই দিবলৈ হেগ্ৰিডক জোৰ কৰে। দ্য ডেডলী হ'ল'জত চাৰ্লিয়ে হেগ্ৰিডক কয় যে "নৰবাৰ্ট" প্ৰকৃততে মাইকীহে গতিকে তাৰ নাম নৰবাৰ্টালৈ সলনি কৰা হয়। সঁহাৰি আইজিএনে হেগ্ৰিডক তেওঁলোকৰ ত্ৰয়োদশ শীৰ্ষ "হেৰী পটাৰ" চৰিত্ৰ হিচাপে আখ্যা দি কৈছে যে দৰ্শকৰ বাবে হেগ্ৰিড এক অতি চিনাকি চৰিত্ৰ আৰু হেৰী পটাৰ এণ্ড দ্য গব্লেট অৱ ফায়াৰ'' ছবিৰ সেই দৃশ্যটো যত তেওঁ হেৰী,ৰণ আৰু হাৰমাইনীৰ লগত তেওঁৰ মধুৰ স্মৃতিবোৰ ৰোমন্থন কৰে সেয়া তেওঁলোকৰ বাবেও এক "সুখদায়ক স্মৃতি" হৈ পৰে। আইজিএনৰ জো য়ুটিছিয়ে হেগ্ৰিডক তেওঁৰ সপ্তম প্ৰিয় "হেৰী পটাৰ" চৰিত্ৰ বুলি কয়। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ হেৰী পটাৰ কাল্পনিক
57678
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A7%B0%27%E0%A6%A8%E0%A6%BE%E0%A6%AD%E0%A6%BE%E0%A6%87%E0%A7%B0%E0%A6%BE%E0%A6%9B%20%E0%A7%B0%E0%A7%8B%E0%A6%97%20%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%AF
কৰ'নাভাইৰাছ ৰোগ ২০১৯
কৰ'না ভাইৰাছ ৰোগ ২০১৯ চমুকৈ হ'ল বা চমুকৈ এ কৰা এক প্ৰকাৰৰ সংক্ৰামক ৰোগ। ২০১৯ চনত চীনৰ হুবেই প্ৰদেশৰ ৱুহান চহৰৰ পৰা এই ৰোগবিধ সমগ্ৰ বিশ্বতে বিয়পি পৰি ২০১৯ ২০২০ চনৰ কৰ'নাভাইৰাছৰ বৈশ্বিক মহামাৰীৰ সৃষ্টি কৰে। প্ৰথমগৰাকী ৰোগী ২০১৯ চনৰ ১৭ নৱেম্বৰৰ বুলি ঠাৱৰ কৰা হৈছে। অধিকাংশ ৰোগীৰ ক্ষেত্ৰত জ্বৰ, কাহ, ভাগৰ লগা, উশাহ লওঁতে কষ্ট হোৱা, আৰু গোন্ধ আৰু সোৱাদ হেৰোৱা এই লক্ষণসমূহ দেখা যায়। অধিকাংশতে ৰোগীৰে অলপীয়া লক্ষণ দেখা যায় যদিও একাংশৰ চাইট'কাইন ষ্টৰ্ম, দেহৰ অংগসমূহ বিকল হোৱা, ছেপ্টিক শ্বক, ৰক্ত আতঞ্চনৰ পৰা একিউট পিৰেটৰী ডীষ্ট্ৰেছ ছীণ্ড্ৰ'ম হয়গৈ। সংক্ৰমণ হোৱা প্ৰায় এক তৃতীয়াংশ লোক অলাক্ষণিক হৈ থাকে৷ ভাইৰাছৰ আক্ৰমণৰ পৰা লক্ষণ ওলাবলৈ সাধাৰণতে পাঁচ দিন লাগে, কিন্তু একৰ পৰা চৈধ্য দিন পৰ্যন্ত হ'ব পাৰে। বয়সীয়া লোকসকলৰ তীব্ৰ লক্ষণ হোৱাৰ আশংকা বেছি। কিছুসংখ্যক লোকৰ ক'ভিডৰ প্ৰভাৱ বৰ দীঘলীয়া হয় আৰু নানা অংগৰ ক্ষতি পৰিলক্ষিত হৈছে। ৰোগটোৰ দীৰ্ঘম্যাদী প্ৰভাৱ অনুসন্ধান কৰিবলৈ এতিয়া কেইবাবছৰীয়াজোৰা অধ্যয়ন চলি আছে। সাধাৰণতে এই ভাইৰাছ মানুহৰ নিকট সংস্পৰ্শত আৰু কাহ মাৰিলে, হাঁচি মাৰিলে আৰু কথা ক'লে ওলোৱা শ্বসন লেটৰ জৰিয়তে বিয়পে। এই লেটবোৰ সাধাৰণতে বতাহত দূৰলৈ যোৱাৰ সলনি মাটিলৈ বা পৃষ্ঠলৈ সৰি পৰে। দূষিত পৃষ্ঠ চুই মুখমণ্ডলত হাত লগালেও ই বিয়পিব পাৰে। ৰোগৰ লক্ষণ ওলোৱাৰ তিনিদিনৰ ভিতৰত ই আটাইতকৈ বেছি সংক্ৰামক, কিন্তু লক্ষণ ওলোৱাৰ আগতেই আৰু লক্ষণ নথকা লোকৰ পৰাও ৰোগ সোঁচৰা সম্ভৱ। নাসিকা গ্ৰসনীৰ পৰা কপাহেৰে লোৱা নমুনা পৰীক্ষা কৰি এই ৰোগ নিৰ্ণয় কৰা হয়। লক্ষণ আৰু বিপদাশংকাৰ ওপৰত ভিত্তি কৰি সন্দেহ হ'লে বুকুৰ চি টি স্কেনো সহায়ক হয়, কিন্তু নিয়মীয়া পৰীক্ষাৰ বাবে নিৰ্দেশাৱলীয়ে চি টি স্কেন অনুমোদন নকৰে। ঘনাই হাত ধোৱা, আন লোকৰ পৰা আঁতৰি থকা (বিশেষকৈ লক্ষণ থকাসকলৰ পৰা), কোৱাৰেণ্টিন (বিশেষকৈ লক্ষণ থকাসকলে), কাহ ঢাকি ৰখা আৰু নোধোৱা হাত মুখমণ্ডলৰ পৰা আঁতৰাই ৰখা এই ৰোগ প্ৰতিৰোধৰ অনুমোদিত বিধি। স্বাস্থ্য বিষয়াসকলে ৰাজহুৱা স্থানত সাধাৰণ লোকে মাস্ক বা মুখবন্ধ ব্যৱহাৰ কৰাত অনুমোদন জনাইছে আৰু কিছুমান ঠাইত এয়া বাধ্যতামূলক। 95 ৰ দৰে মেডিকেল মাস্ক স্বাস্থ্য কৰ্মী আৰু ৰোগীক পৰিচৰ্যা কৰা লোকসকলেহে পৰিধান কৰিব লাগে বুলি জনোৱা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ৰ কোনো নিৰ্দিষ্ট প্ৰতিষেধক বা এণ্টিভাইৰেল ঔষধ নাই। লক্ষণগত চিকিৎসা, সামৰ্থক শুশ্ৰূষা, ৰোগীক আঁতৰাই ৰখা আৰু পৰীক্ষামূলক ঔষধেই ইয়াৰ বৰ্তমানৰ চিকিৎসা। বিশ্ব স্বাস্থ্য সংস্থাই ২০২০ চনৰ ৩০ জানুৱাৰীত কৰ'না ভাইৰাছ মহামাৰীক আন্তঃৰাষ্ট্ৰীয় আশংকাৰ ৰাজহুৱা স্বাস্থ্য জৰুৰীকালীন অৱস্থা বুলি ঘোষণা কৰে আৰু একে বছৰৰে ১১ মাৰ্চত বৈশ্বিক মহামাৰী বুলি ঘোষণা কৰে। ছয়োটা অঞ্চলৰ অন্তৰ্ভুক্ত বহু দেশত ৰোগবিধৰ স্থানীয় সংক্ৰমণৰ প্ৰমাণ পোৱা গৈছে। চিহ্ন আৰু লক্ষণসমূহ জ্বৰ ক'ভিড-১৯ৰ আটাইতকৈ সাধাৰণ লক্ষণ, কিন্তু ইয়াতো তীব্ৰতা আৰু উপস্থাপনৰ বিভিন্নতা দেখা যায়। বয়সীয়াল, কম প্ৰতিৰোধী ক্ষমতাৰ, বা গুৰুতৰভাৱে আক্ৰান্ত লোকৰ জ্বৰ নুঠিবও পাৰে। এটা অধ্যয়নত প্ৰকাশ পাইছে যে চিকিৎসালয়লৈ যোৱাৰ সময়ত মাত্ৰ ৪৪% ৰোগীৰহে জ্বৰ আছিল আৰু চিকিৎসালয়ত থকাৰ সময়ছোৱাত ৮৯% লোকৰ জ্বৰৰ লক্ষণে দেখা দিছিল। জ্বৰ নুঠিলে সংক্ৰমণ নাই বুলি নিশ্চিত হ'ব নোৱাৰি। কাহ, আভোক, ক্লান্তি, শ্বাসকষ্ট, খেকাৰ ওলোৱা, পেশীৰ বিষ আৰু গাঁথিৰ বিষ ৰোগৰ আন আন সাধাৰণ লক্ষণ। কোনো কোনো লোকৰ উকালি, বমি আৰু পেটচলা দেখা যায়। হাঁচি, নাকৰ পানী ওলোৱা, ডিঙিৰ বিষ আৰু ছালৰ ক্ষত কমকৈ হোৱা লক্ষণ। চীনদেশৰ কিছু ৰোগীৰ প্ৰথম অৱস্থাত কেৱল বুকুৰ বিষ আৰু ঢপঢপনিহে অনুভৱ হৈছিল। ঘ্ৰাণশক্তি বা স্বাদশক্তিও কমিব পাৰে। দক্ষিণ কোৰিয়াৰ নিশ্চিত ৰোগীৰ ৩০%ৰ ক্ষেত্ৰত ঘ্ৰাণশক্তি হ্ৰাস পোৱাটো এক লক্ষণ। সাধাৰণতে কোনো ব্যক্তি প্ৰথম সংক্ৰমণ হোৱাৰ পৰা ৰোগৰ লক্ষণ ফুটি উঠালৈ কিছু সময় লয়। এই সময়ছোৱাক উপ্তিকাল বুলি কয়। -19 ৰোগত উপ্তিকাল সাধাৰণতে পাঁচৰ পৰা ছয় দিন কিন্তু দুইৰ পৰা চৈধ্য দিনলৈকে হ'ব পাৰে। প্ৰায় ১০ শতাংশ লোকৰ লক্ষণ পলমকৈ দেখা দিয়ে। লক্ষণৰ গতি চাই সোনকালে ৰোগ নিৰ্ণয় কৰিব পাৰি। প্ৰাৰম্ভিক অৱস্থাত কেইবাটাও লক্ষণ দেখা গ'লেও সাধাৰণতে উশাহ চুটি হোৱা দেখা নাযায়। প্ৰাৰম্ভিক লক্ষণসমূহৰ কেইবাদিনৰ পাছতহে উশাহ চুটিৰ লক্ষণ ওলায়। জ্বৰ আৰু কাহৰ লগে লগে শ্বাসকষ্ট হ'লে সেয়া ক'ভিড-১৯ তকৈ দুঃচিন্তা হোৱাৰ সম্ভাৱনাহে বেছি। শ্বাসকষ্ট আৰম্ভ হোৱাৰ পাছৰ দিনকেইটা জটিল হৈ উঠিব পাৰে। কমসংখ্যক লোকৰ কোনো সময়তে একো লক্ষণ নোলায়। এই লক্ষণবিহীন বাহসকলৰ সাধাৰণতে পৰীক্ষা কৰা নহয় আৰু ৰোগ সঞ্চাৰণৰ তেওঁলোকৰ ভূমিকা ভালদৰে জনা নাযায়। প্ৰাৰম্ভিক প্ৰমাণে কয় যে তেওঁলোকে ৰোগ সোঁচৰাব পাৰে। ২০২০ চনৰ জুনত ৰ এগৰাকী মুখপাত্ৰই কয় যে লক্ষণবিহীন লোকৰ পৰা ৰোগ সঞ্চাৰণ "বিৰল," কিন্তু এই কথাৰ প্ৰমাণ দিয়া হোৱা নাই। ইয়াৰ পিছদিনা ই স্পষ্ট কৰে যে তেওঁলোকে "লক্ষণবিহীন" বুলি কোৱা কথাটোত -লাক্ষণিক কম লক্ষণ থকা লোকৰ অন্তৰ্ভুক্ত কৰা নাই আৰু সঞ্চাৰণৰ ৪১% মান লক্ষণবিহীন হ'ব পাৰে। জটিলতা নিম'নিয়া, একিউট পিৰেটৰী ডীষ্ট্ৰেছ ছীণ্ড্ৰ'ম একাধিক অংগৰ অক্ষমতা, ছেপ্টিক শ্বক, আৰু মৃত্যু ক'ভিড-১৯ ৰ জটিলতা। হৃদযন্ত্ৰৰ অক্ষমতা, অস্বাভাৱিক হৃদস্পন্দন, মায়'কাৰ্ডাইটিছ আৰু সিৰাৰ তেজ গোট মৰা আদি হৃদযন্ত্ৰৰ জটিলতা। ক'ভিড-১৯ হোৱা প্ৰায় ২০-৩০% লোকৰ যকৃত উৎসেচক বাঢ়ি থকাই যকৃতৰ ক্ষতি সূচায়। ছিজাৰ, ষ্ট্ৰোক, কেফেলাইটিছ আৰু গিয়া-বাৰি ছীণ্ড্ৰ'ম স্নায়ৱিক জটিলতা। শিশুৰ ৰোগ হ'লে মাৰাত্মক হ'ব পাৰে। কাৰণ সঞ্চাৰণ যেতিয়া দুজন মানুহ নিকট সংস্পৰ্শলৈ আহে আৰু সংক্ৰমিত লোকজনে (লক্ষণযুক্ত বা ণিক) কাহ মাৰিলে, হাঁচি মাৰিলে, কথা ক'লে বা গান গালে ওলোৱা সৰু কণিকা বা লেটবোৰ সুষ্ঠ লোকজনৰ উশাহত প্ৰৱেশ কৰিলে ক'ভিড-১৯ বিয়পে। বিশ্ব স্বাস্থ্য সংস্থাই সামাজিক দূৰত্বৰ অনুমোদন য়ে এই দূৰত্ব হ'ব লাগে বুলি কয়। লক্ষণ নথকা মানুহেও ভাইৰাছ সোঁচৰাব পাৰে কিন্তু এনে ঘটনা কিমান তাৰ তথ্য নাই। এটা সূত্ৰৰ মতে সংক্ৰমিত কিন্তু লক্ষণ নথকা ব্যক্তিৰ হাৰ ৪০%। লক্ষণ দেখুওৱাৰ সময়ত ৰোগীজন অধিক সংক্ৰামক হয় (সামান্য বা অনিৰ্দিষ্ট লক্ষণকে ধৰি), কিন্তু লক্ষণ ওলোৱাৰ দুদিন আগৰে পৰা সংক্ৰামক হ'ব পাৰে (প্ৰাক-লাক্ষণিক সঞ্চাৰণ)। মধ্যমীয়া ৰোগত তেওঁলোক প্ৰায় সাতৰ পৰা বাৰ দিন সংক্ৰামক হৈ থাকে আৰু গুৰুতৰ ৰোগত গড়ে দুসপ্তাহ সংক্ৰামক হৈ থাকে। দূষিত লেটবোৰ মজিয়া বা পৃষ্ঠলৈ সৰি পৰিলে কমকৈ হ'লেও সেইবোৰ সংক্ৰামক হৈ থাকে আৰু মানুহে দূষিত পৃষ্ঠ চুই নিজৰ চকু, নাক বা মুখ অপৰিষ্কাৰ হাতেৰে স্পৰ্শ কৰিলে ৰোগ বিয়পিব পাৰে। পৃষ্ঠসমূহত সময়ৰ লগে লগে সক্ৰিয় ভাইৰাছৰ সংখ্যা কমি আহে আৰু পাছত সেয়া অসংক্ৰামক হৈ পৰে। পৃষ্ঠৰ জৰিয়তে বিয়পাটো ৰোগ সঞ্চাৰণৰ মূল উপায় নহয় বুলি ভবা হৈছে। এই উপায়েৰে কিমান পৰিমাণৰ ভাইৰাছে সংক্ৰমণ কৰিব পাৰে সেয়া অজ্ঞাত। তামত চাৰি ঘণ্টালৈকে, কাৰ্ডব'ৰ্ডত এদিনলৈকে, আৰু প্লাষ্টিক আৰু নিদাগ তীখাত তিনি দিনলৈকে ভাইৰাছৰ উপস্থিতি নিৰূপণ কৰা হৈছে। ঘৰুৱা বীজাণুনাশকেৰে সহজেই পৃষ্ঠত বা হাতত থকা ভাইৰাছ আঁতৰ কৰিব পাৰি। বীজাণুনাশক বা ব্লিচেৰে ক'ভিড-১৯ৰ চিকিৎসা কৰিব নোৱাৰি আৰু ভুল ব্যৱহাৰে (যেনে শৰীৰৰ ভিতৰলৈ সোমালে) স্বাস্থ্যৰ হানি কৰে। খেকাৰ আৰু লালটি ত বৃহৎ পৰিমাণৰ ভাইৰাছ থাকে। যদিও ক'ভিড-১৯ যৌন সংক্ৰামক ৰোগ নহয়, চুমা খোৱা, নিকট সংস্পৰ্শ আৰু পায়ু-মুখ পথেৰে ভাইৰাছ সোঁচৰাৰ সন্দেহ কৰা হয়। কিছুমান চিকিৎসাজনিত প্ৰক্ৰিয়াই এৰ'ছ'ল উৎপন্ন কৰে, আৰু সাধাৰণ অৱস্থাতকৈ সহজে ভাইৰাছ সঞ্চাৰণ কৰে। ক'ভিড-১৯ এক নতুন ৰোগ আৰু ইয়াৰ সঞ্চাৰণৰ বহু উপায় এতিয়াও গৱেষণাৰ বিষয়। ই মানুহৰ মাজত ইনফ্লুৱেঞ্জাতকৈ সহজে বিয়পে কিন্তু সৰুআইৰ সমান নিবিয়পে। ক'ভিড-১৯ত আক্ৰান্ত এজন লোকৰ পৰা সংক্ৰমিত হোৱা লোকৰ সংখ্যাত 0) পাৰ্থক্য দেখা গৈছে। প্ৰাৰম্ভিক অনুসন্ধান মতে 0 আছিল ১.৪-২.৫ (গড়ে ১.৯৫), কিন্তু শেহতীয়া এক অধ্যয়নে প্ৰাথমিক 0 (নিয়ন্ত্ৰণ পদ্ধতি নোহোৱাকৈ) ৩.২৮ আৰু গড় 0 ২.৭৯ বুলি ঠাৱৰ কৰিছে। ভাইৰাছটো মাতৃদুগ্ধত থাকিব পাৰে কিন্তু এয়া সংক্ৰামক হয়নে আৰু শিশুলৈ বিয়পেনে সেয়া অজ্ঞাত। বিষ্ঠাতো ভাইৰাছবিধ পোৱা গৈছে আৰু বিষ্ঠাৰ জৰিয়তে সংক্ৰমণৰ সম্ভাৱনাৰ গৱেষণা চলি আছে। ভাইৰাছ বিজ্ঞান ছিভিয়াৰ একিউট পিৰেটৰী ছীণ্ড্ৰ'ম কৰ'নাভাইৰাছ২ -2) এক নতুন ছিভিয়াৰ একিউট পিৰেটৰী ছীণ্ড্ৰ'ম কৰ'নাভাইৰাছ। ৱুহানত হোৱা এক তীব্ৰ শ্বসন ৰোগৰ লগত সম্পৰ্কিত নিম'নিয়াত ভোগা তিনিগৰাকী লোকৰ দেহত এই ভাইৰাছ চিনাক্ত কৰা হৈছিল। ন'ভেল -2 ৰ সকলো বৈশিষ্ট্য প্ৰাকৃতিকভাৱে পোৱা সকলো সম্পৰ্কীয় কৰ'নাভাইৰাছতো পোৱা যায়। দেহত বাহিৰত ভাইৰাছটো চাবোনৰে নাশ কৰিব পাৰি যি ইয়াৰ ভাইৰেল আৱৰণ ধ্বংস কৰে। -2ৰ পূৰ্বৰ ৰ লগত প্ৰায় মিল আছে। ইয়াক জন্তুৰ পৰা অহা বুলি ভবা হয়। জিনীয় বিশ্লেষণে দেখুৱাইছে যে ইয়াৰ জিনৰ বিটাকৰ'নাভাইৰাছ গণ আৰু উপগণৰ লগতে দুটা বাদুলী-উদ্ভুত ভাইৰাছৰ লগত মিল আছে। সম্পূৰ্ণ জিন'ম স্তৰত আন বাদুলী কৰ'নাভাইৰাছ নমুনাৰ লগত 13) ইয়াৰ ৯৬% মিল আছে। ২০২০ চনৰ ফেব্ৰুৱাৰীত চীনা গৱেষকে ধৰা পেলায় যে বনৰৌ আৰু মানুহৰ কৰ'নাভাইৰাছৰ ৰ মাত্ৰ এটা এমিন' এচিডৰ পাৰ্থক্য আছে। কিন্তু সম্পূৰ্ণ জিন'ম তুনলা কৰিলে বনৰৌৰ কৰ'নাভাইৰাছ আৰু -2 ৰ ৯২% জিনীয় উপাদানহে মিল পোৱা যায় যিয়ে বনৰৌ মধ্যম পোষক হোৱাটো প্ৰমাণ নকৰে। ৰোগতত্ব -19 ৰোগে দেহৰ অংগবোৰৰ ভিতৰত হাওঁফাওঁক সকলোতকৈ বেছি আক্ৰান্ত কৰে কাৰণ সচৰাচৰ হাওঁফাওঁৰ দ্বিতীয় প্ৰকাৰৰ ভিঅ'লাৰ কোষত পোৱা 2 উৎসেচকেৰে ভাইৰাছবিধ পোষক কোষত সোমাই পৰে। ভাইৰাছটোৱে নামৰ এক বিশেষ পৃষ্ঠ গ্লাইক'প্ৰ'টিন ব্যৱহাৰ কৰি 2 ৰ লগ লাগে আৰু পোষক কোষত সোমাই পৰে। কলাসমূহত থকাৰ 2 ঘনত্ব বেছি হ'লে ৰোগৰ তীব্ৰতাও বেছি হয়। গতিকে কোনোৱে 2 সক্ৰিয়তা কমালে সুৰক্ষা বাঢ়িব বুলি ধাৰণা কৰিছে; আন এচামে ঔষধেৰে 2ৰ পৰিমাণ বঢ়ালে ভাল হ'ব পাৰে বুলি কৈছে। হাওঁফাওঁৰ কোষবোৰ বেছিকৈ ৰোগাক্ৰান্ত হ'লে শ্বসন অক্ষমতা কৈ ৰোগী মৃত্যুমুখত পৰিব পাৰে। 2 পাকস্থলীৰ, ডুৱডেনাম আৰু মলাশয়ৰ আৱৰণীৰ গ্লেণ্ডুলাৰ কোষ আৰু ক্ষুদ্ৰান্ত্ৰৰ এণ্ড'থেলিয়াম আৰু এণ্টেৰ'চাইটত থাকে বাবে থাকে বাবে ভাইৰাছবিধে এইবোৰ অংগকো আক্ৰান্ত কৰে। চিকিৎসাধীন ব্যক্তিৰ ৫৩%ৰ বিষ্ঠাত ভাইৰাছবিধ পোৱা গৈছে আৰু সংক্ৰমণৰ পাছৰ স্তৰত মুখৰ পৰা লোৱা নমুনাতকৈ পায়ুৰ পৰা লোৱা নমুনাত ভাইৰাছ বেছিকৈ ধৰা পৰিছে। বিষ্ঠাত ভাইৰাছবিধ ১ৰ পৰা ১২ দিনলৈকে পোৱা হৈছে আৰু শ্বাসৰ নমুনাত ভাইৰাছ নোপোৱাৰ পাছত ১৭% ৰোগীৰ বিষ্ঠাত ভাইৰাছ ধৰা পৰিছে। গতিকে শ্বাসতন্ত্ৰৰ পৰা নাইকিয়া হোৱাৰ পাছতো পাচন তন্ত্ৰৰ সংক্ৰমণ অব্যাহত থাকিব পাৰে আৰু মুখ-পায়ুৰ সঞ্চাৰণ )ৰ সম্ভাৱনা থাকে। পায়ুৰ নমুনাৰ জৰিয়তে ভাইৰাছবিধৰ পুনৰাবৃত্তিও ধৰা পৰিছে। ভাইৰাছবিধ প্ৰাকৃতিক আৰু অ'ভাৰ সংক্ৰমণেৰে জন্তুৰ পৰা অহা বুলি ভবা হয়। প্ৰকৃত উৎস অজ্ঞাত কিন্তু ২০১৯ চনৰ ডিচেম্বৰৰ পৰা সকলো সংক্ৰমণ মানুহৰ পৰা মানুহলৈ হৈ আহিছে। ৱুহান, চীনত ২০১৯ চনৰ ১৭ নৱেম্বৰত প্ৰথম জ্ঞাত সংক্ৰমণ ঘটিছিল। প্ৰতিৰোধৰ ব্যৱস্থা এই ৰোগ সংক্ৰমণৰ প্ৰতিৰোধমূলক ব্যৱস্থাসমূহৰ ভিতৰত ঘৰৰ ভিতৰতে থকা, জনসমাগম হোৱা ঠাইসমূহ এৰাই চলা, চাবোন আৰু কুহুমীয়া পানীৰে কমেও ২০ চেকেণ্ড ধৰি হাত ধোৱা, শ্বাস-প্ৰশ্বাস সম্পৰ্কীয় স্বাস্থ্যসন্মত বিধিসমূহ মানি চলাৰ লগতে অপৰিষ্কাৰ হাতেৰে চকু, নাক বা মুখ স্পৰ্শ নকৰা ইত্যাদিসমূহ অন্তৰ্ভুক্ত। চেণ্টাৰ ফৰ ডিজিজ ক'ণ্ট্ৰল বা চমুকৈ চিডিচিয়ে কাহোঁতে বা হাঁচিয়াওঁতে এখন টিছ্যুৰে মুখ আৰু নাক ঢাকি ল'বলৈ আৰু টিছ্যুৰ অবিহনে কিলাকুটিৰ ভিতৰভাগ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। কাঁহ বা হাঁচি মৰাৰ পিছত হাত পৰিষ্কাৰ কৰাৰ স্বাস্থ্যসন্মত বিধিসমূহ সঠিকভাৱে মানি চলিবলৈয়ো তেওঁলোকে পৰামৰ্শ আগবঢ়ায়। সামাজিক দূৰত্ব বজাই ৰখাৰ কাৰ্যপ্ৰণালীসমূহ যেনে শিক্ষানুষ্ঠান-কাৰ্যালয়ৰ কাম-কাজ স্থগিতকৰণ, ভ্ৰমণত বাধা আৰোপ আৰু জনসমাগম বাতিল কৰাৰ যোগেদি সংক্ৰমিত লোকৰ সৈতে সৰহীয়া মানুহৰ সংস্পৰ্শ কমাবলৈ যত্ন কৰা হয়। মানুহে ইজনে-সিজনৰ পৰা কমেও ৬ ফুট (১.৮০ মিটাৰ) দূৰত্বত থকাটোও সামাজিক দূৰত্ব বজাই ৰখাতেই অন্তৰ্ভুক্ত। কৰ'না ভাইৰাছ ৰোগ ২০১৯-ৰ কোনো প্ৰতিষেধক অন্ততঃ ২০২১ চনলৈকে আহি পোৱাৰ সম্ভাৱনা নাই বাবে ক'ভিড-১৯ ব্যৱস্থাপনাৰ অন্যতম প্ৰধান অংশ হৈছে বিভিন্ন উপায়েৰে নতুন সংক্ৰমণৰ হাৰ ৰোধ কৰি এই মহামাৰীৰ চূড়ান্ত সীমাক প্ৰশমিত কৰা বা প্ৰচলিত ভাষাত বক্ৰৰেখাৰ সমতলীকৰণ। সংক্ৰমণৰ হাৰ ৰোধ কৰাৰ ফলত চিকিৎসা সেৱা ব্যাহত হোৱাৰ আশংকা কম হোৱাৰ লগতে ই বৰ্তমানে আক্ৰান্ত ৰোগীসকলৰ উন্নত চিকিৎসাত সহায়ক হ'ব আৰু প্ৰতিষেধক উপলব্ধ হোৱালৈকে অতিৰিক্ত ৰোগীৰ সংখ্যা কমাই ৰাখিব। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কেৱল কাহোঁতে বা হাঁচিয়াওতে অথবা সন্দেহযুক্ত সংক্ৰমিত লোকৰ তত্ত্বাৱধান লোৱাৰ সময়তহে মাস্কৰ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হয়। কিছুসংখ্যক দেশে, বিশেষকৈ চীন,হংকং, আৰু থাইলেণ্ডতসুস্থ লোকসকলকো মাস্কৰ ব্যৱহাৰ কৰিবলৈ উপদেশ দিয়া হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ আনুমানিক হিচাপ অনুসৰি মাস্কৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ মাস্কৰ বিশ্বজোৰা উৎপাদন ৪০% বৃদ্ধি হ'ব লাগিব। মজুতকৰণ আৰু স্পেকুলেচনৰ ফলত মাস্ক, এন৯৫ ৰেস্পিৰেটৰ আৰু গাউনৰ মূল্য যথাক্ৰমে ছয়গুণ, তিনিগুণ আৰু দুগুণ বৃদ্ধি হৈ সমস্যাটো অধিক জটিল কৰি তোলে। কিছুসংখ্যক চিকিৎসকৰ মতে, যদিও সাধাৰণ মাস্ক আৰু কাপোৰে সংক্ৰমিত ব্যক্তিৰ পৰা পোনপটীয়াকৈ অহা কাঁহ বা হাঁচিৰ পৰা সুৰক্ষা দিব নোৱাৰে কিন্তু এইসমূহেৰে মুখমণ্ডল আৱৰি ৰখাটো মুখ আৰু নাক স্পৰ্শ কৰাৰ পৰা মানুহক বিৰত ৰাখিবলৈ এক উত্তম উপায় ক'ৰণা ভাইৰাছৰ বা ক'ভিড-১৯ৰ দ্বাৰা আক্ৰান্ত ব্যক্তি অথবা আক্ৰান্ত হ'ব পাৰে বুলি ভবা লোকক চিডিচিয়ে চিকিৎসা সেৱাৰ বাবে যোৱাৰ বাদে আন পৰিস্থিতিত ঘৰতে থাকিবলৈ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ উপৰিও চিকিৎসালয়লৈ যোৱাৰ আগতে চিকিৎসা প্ৰদানকাৰীৰ সৈতে ফোনেৰে যোগাযোগ কৰিবলৈ, চিকিৎসা প্ৰদানকাৰীৰ কাৰ্যালয়ত সোমোৱাৰ আগত মাস্ক পৰিধান কৰিবলৈ, কোঠাত দ্বিতীয় ব্যক্তিৰ উপস্থিতিত কাহোঁতে বা হাঁচিয়াওতে টিছ্যু ব্যৱহাৰ কৰিবলৈ, নিয়মিয়াকৈ চাবোনেৰে হাত ধুবলৈ আৰু ব্যক্তিগত ঘৰুৱা সৰঞ্জাম আনৰ সৈতে ভাগ-বটোৱাৰা নকৰিবলৈয়ো তেওঁলোকক উপদেশ দিয়া হয়। নিত্যকৰ্মৰ পিছত বা দেখাত অপৰিষ্কাৰ হৈ থাকিলে, আহাৰ গ্ৰহণ কৰাৰ আগত, নাক পৰিষ্কাৰ কৰা আৰু কাঁহ মৰা বা হাঁচিওৱাৰ পিছত সকলোকে চাবোনেৰে কমেও ২০ চেকেণ্ড ধৰি হাত ধুবলৈকো চিডিচিয়ে পৰামৰ্শ দিয়ে। চাবোন আৰু পানী নাপালে অতি কমেও ৬০% এলক'হলযুক্ত হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈয়ো তেওঁলোকে উপদেশ দিয়ে। যিসমূহ ঠাইত বাণিজ্যিক হেণ্ড ছেনিটাইজাৰ সহজে পোৱা নাযায় তেনে ঠাইত স্থানীয় উৎপাদনৰ কাৰণে বিশ্ব স্বাস্থ্য সংস্থাই দুটা যৌগৰ সূত্ৰ বা ফৰ্মুলেচন প্ৰদান কৰিছে। এই ফৰ্মুলেচনকেইটাত ইথানল বা আইচ'প্ৰপানলৰ পৰা বীজাণু ধ্বংসকাৰী প্ৰক্ৰিয়াটো আৰম্ভ হয়। হাইড্ৰ'জেন পেৰ'ক্সাইডে ইয়াত এলকহলৰ পৰা আণুজীৱিক কোষাণু বা বেক্টেৰীয়েল স্প'ৰসমূহ আঁতৰোৱাত সহায় কৰে আৰু ই কোনো সক্ৰিয় হেণ্ড এণ্টিচেপচিচ (প্ৰতিৰোধক) নহয়। গ্লাইচেৰলক আৰ্দ্ৰতা বজাই ৰাখিবলৈ ফৰ্মুলেচনত ব্যৱহাৰ কৰা হয়। চিকিৎসা সম্প্ৰতি কৰ'না ভাইৰাছৰ সংস্পৰ্শলৈ অহা ৰোগী সকলক আন্তঃশিৰা দ্ৰৱ (ফ্লুইড), অক্সিজেন আৰু শৰীৰৰ প্ৰধান অংগসমূহৰ সহায়ক চিকিৎসা আদিৰ জৰিয়তে সামৰ্থক সুশ্ৰুষাহে প্ৰদান কৰিব পৰা হৈছে।এক্যুট ৰেছপাইৰেটৰী ডিষ্ট্ৰেছ ছিণ্ড্ৰ্'মৰ দৰে জটিলতা নহালৈকে মিথাইলপ্ৰেডনিছলন আদিৰ দৰে ষ্টেৰইডৰ ব্যৱহাৰ বাৰণ কৰা হৈছে। চেণ্টাৰ ফ'ৰ ডিজিছ কণ্ট্ৰ'লৰ মতে ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি সন্দেহ কৰিলে মাস্ক পিন্ধিবলৈ উপদেশ দিয়া হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই ৰোগৰ লক্ষণবোৰ কমাই ৰাখিবলৈ আইবুপ্ৰ'ফেনৰ দৰে নন ষ্টেৰইডেল এণ্টি ইনফ্লেমেটৰী ঔষধ প্ৰয়োগত নিষেধাজ্ঞা আৰোপ কৰা নাই যদিও প্ৰথম পৰ্যায়ত পেৰাছিটামলহে ব্যৱহাৰ কৰিবলৈ উপদেশ দিছে। ইতিমধ্যে আইবুপ্ৰফেন ব্যৱহাৰৰ পিছত চাৰিটি শিশুৰ দেহত বিৰূপ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। বিশ্ব স্বাস্থ্য সংস্থা আৰু চীনদেশৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে হস্পিতালত ভৰ্তি হৈ থকা ৰোগীসকলৰ চিকিৎসাৰ নিয়মাৱলী প্ৰস্তুত কৰিছে। ব্যক্তিগত প্ৰতিৰক্ষণ সঁজুলি ভাইৰাছবিধৰ সংক্ৰমন ৰোধ কৰিবলৈ সাৱধানতা সকলোতকৈ দৰকাৰী কথা। বিশেষকৈ চিকিৎসালয়ত যেতিয়া বিভিন্ন প্ৰক্ৰিয়া যেনে কৃত্ৰিম স্বাসনলী সংৰোপণ, বেগ-মাস্ক ভেণ্টিলেশ্যন আদি সম্পন্ন কৰা হয়, তেতিয়া এৰ'চ'ল নিৰ্গত হয়। গতিকে সেই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো অতি জৰুৰী হৈ পৰে। মহামাৰীৰ সময়ত এনে সংক্ৰমণ ৰোধ কৰিবলৈ কিছুমান ব্যক্তিগত প্ৰতিৰক্ষণ সঁজুলি চমুকৈ ব্যৱহাৰৰ বাবে ছিডিছিয়ে এক নিয়মাৱলী ধাৰ্য্য কৰি দিছে। এই সঁজুলিসমূহ হ'ল: ৰেছপাইৰেটৰ অথবা মাস্ক কোটচোলা হাতমোজা চকুৰ প্ৰতিৰক্ষা উপলব্ধ হ'লে মাস্কৰ সলনি ৰেছপাইৰেটৰ বেছি উপযোগী।এনঌ৫ ৰেছপাইৰেটৰ সমূহ ঔদ্যোগিক ক্ষেত্ৰত উপযুক্ত আৰু এফডিএয়ে আত্যায়িক কালত ইয়াক ব্যৱহাৰৰ অনুমতি দিছে। অৱ্শ্যে ধূলি-বালি আদিৰ দৰে বতাহত ওপঙা কণিকাৰ পৰা ই সুৰক্ষা দিয়ে কিন্তু জীৱাণু প্ৰতিৰোধত ই কেনেকুৱা ভূমিকা লয় সি সন্দিহান। এনেকুৱা মাস্ক নাপালেহে শেষ ভৰষা হিচাপে ঘৰত তৈয়াৰী মাস্ক পিন্ধিবলৈ ছিডিছিয়ে উপদেশ দিছে। কৃত্ৰিম শ্বাস-প্ৰশ্বাস ক'ভিড-১ঌত আক্ৰান্ত বেছিভাগ ৰোগীয়েই কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ সুবিধা ল'বলগীয়াকৈ জটিল নহয় যদিও কিছু শতাংশ ৰোগীৰ ক্ষেত্ৰত ই জৰুৰী হৈ পৰে। কেনেডাৰ কিছু সংখ্যক চিকিৎসকে বতাহত বিয়পিব পৰা জীৱাণুৰ সংক্ৰমণ প্ৰতিহত হয় বুলি কৃত্ৰিম শ্বাস-প্ৰশ্বাস প্ৰণালীৰ ওকালতি কৰে। এনেকুৱা জটিলতা ঘাইকৈ বয়সস্থ (ষাঠি বছৰৰ ঊৰ্ধ্ব অথবা অশীতিপৰ)ৰোগীসকলৰ ক্ষেত্ৰত হে হোৱা দেখা যায়। বহুসংখ্যক উন্নত দেশতেই জনসংখ্যা অনুপাতে হস্পিটালত বিছনাৰ অভাৱ যাৰ ফলত হস্পিতালত ভৰ্ত্তি কৰিবলগীয়া ক'ভিড-১ঌৰোগী সকলৰ সংখ্যা দ্ৰুতগতিত বাঢ়ি অহাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ চিকিৎসা কৰিবলৈ স্বাস্থ্যখণ্ড সমূহে পৰ্যাপ্ত সমল গোটাব পৰা নাই। আৰু এই অভাৱে ক'ৰ'না মহামাৰীৰ ঊৰ্ধ্বমুখী গতিৰেখাক ভোটা কৰি নিম্নগামী কৰিবলৈ অৰ্থাৎ নতুনকৈ আক্ৰান্ত ৰোগীৰ সংখ্যা কমাই এটা সময়ত এনে ৰোগীৰ সংখ্যা সীমিত ৰাখিবলৈ বৰ্তমান এক প্ৰত্যাহ্বান হিচাপে থিয় দিছে। চীনদেশত হোৱা এক অধ্যয়নত দেখা গৈছে যে সৰ্বমুঠ ৰোগীৰ ৫% আই.ছি.ইউ.ত ভৰ্ত্তিকৰিবলগীয়া হৈছে, ২.৩%ক কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাসপ্ৰদান কৰিবলগীয়া হৈছে আৰু ১.৪% ৰোগীৰ মৃত্যু হৈছে। এনে পৰিস্থিতিত বৰ্তমান প্ৰতিটো ভেণ্টিলেটৰেই অতীৱ মূল্যৱান কাৰণ এক সূত্ৰৰ মতে মুঠ ৰোগীৰ এক-তৃতীয়াংশক এনে কৃত্ৰিম শ্বসন প্ৰণালীৰ আৱ্শ্যকতা হ'ব পাৰে। পৰীক্ষামূলক চিকিৎসা বিশ্ব স্বাস্থ্য সংস্থাই অদ্যাপি ক'ভিড-১ঌৰ চিকিৎসাৰ অৰ্থে কোনো ঔষধ ব্যৱহাৰ কৰিবলৈ উপদেশ দিয়া নাই যদিও বিভিন্ন দেশৰ গৱেষণা সংস্থাসমূহে কিছুমান ঔষধ ব্যৱহাৰৰ কথা কৈছে। সম্ভাব্য ঔষধ উদ্ভাৱনৰ অৰ্থে ২০১ঌ চনৰ জানুৱাৰী মাহৰে পৰা গৱেষণা আৰম্ভ হৈছে। বহুসংখ্যক এণ্টিভাইৰেল ঔষধো পৰীক্ষামূলক পৰ্যায়তে আছে| অৱশ্যে এই নতুন ঔষধ ২০২১ চনলৈহে তৈয়াৰ হৈ উঠাৰ সম্ভাৱনা আছে। এই গৱেষণাত সম্পৰীক্ষা চলোৱা কোনো কোনো ঔষধ ইতিমধ্যেই বিবিধ ৰোগত ব্যৱহাৰ কৰি অহা হৈছে। ৰোগৰ লক্ষণবোৰ বেছি হ'লে এণ্টিভাইৰেল ঔষধ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। পৰিভাষা ২০২০ চনৰ ফেব্ৰুৱাৰিত বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰে যে-ৰোগবিধৰ আনুষ্ঠানিক নাম ক'ভিড-১৯। সংস্থাৰ মুৰব্বী টেড্ৰোছ এধান'মে ব্যাখ্যা কৰে যে ৰ অৰ্থ ৰ অৰ্থ আৰু ৰ অৰ্থ আনহাতে 19 টোৱে ৰোগবিধ আৰম্ভ হোৱা বছৰটোক(৩১ ডিচেম্বৰ, ২০১৯)ক বুজাইছে। নামটো এইকাৰণেই দিয়া হৈছে যাতে বেমাৰবিধৰ অৱস্থিতিয়ে কোনো বিশেষ ভৌগোলিক সীমা, জন্তুৰ প্ৰজাতি, অথবা মানুহৰ গোটকে কেন্দ্ৰ কৰি গঢ় ল'ব পৰা সামাজিক সংকীৰ্ণতা অতিক্ৰম কৰিব পাৰে। যাতে নামবিধক লৈ কোনোধৰণৰ সামাজিক বিভ্ৰান্তিৰ সৃষ্টি নহয়। ব্যাধিটোৰ নাম -19 দিয়া হৈছে যদিও, এই বেমাৰটো সৃষ্টি কৰা ভাইৰাছবিধৰ নাম 2 অথবা -2। ২০১৯ চনত ভাইৰাছবিধ ২০১৯ নভেল কৰ'না ভাইৰাছ অথবা হিচাপে পৰিচিত হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাই কভিড-১৯ ভাইৰাছ আৰু "কভিড-১৯ৰ বাবে দায়ী ভাইৰাছ"- এই দুয়োটাই ৰাজহুৱাৰ যোগাযোগ মাধ্যমত ব্যৱহাৰ কৰে। কৰ'না ভাইৰাছৰ নামকৰণ কৰা হৈছিল ১৯৬৮ চনত। যেতিয়া তেওঁলোকক ইলেক্ট্ৰণ মাইক্ৰ'স্কপত দেখা গৈছিল। সূৰ্যৰ কৰ'না অংশৰ তাৰ কিছু সাদৃশ্যগত চিন আছিল। লেটিন ভাষাত কৰ'নাৰ অৰ্থ ২০২০ চনৰ ফেব্ৰুৱাৰিত, বিশ্ব স্বাস্থ্য সংস্থাই এই ভাইৰাছবিধক "চীনা ভাইৰাছ" অথবা "উহান ভাইৰাছ" বুলি ক'বলৈ মানা কৰে। তাতকৈও কিছুমান বিতৰ্কিত শব্দ; অথবা "ৰ উদ্ভৱ হয় আমেৰিকাত, এইছোৱা সময়তে। এইবোৰ শব্দৰ সম্পৰ্ক আছে উহানৰ লগত, য'ত ভাইৰাছবিধ পোনপ্ৰথমবাৰৰ বাবে চিনাক্ত কৰা হৈছিল। তাৰ লগতে চীনৰ সমৰকলাৰ কিছুমান শব্দ আৰু ব্যৱহাৰ কৰা হয়। এইবোৰ শব্দৰ ব্যৱহাৰৰ দ্বাৰা ইয়াকেই পৰোক্ষভাৱে বুজাব খোজা হয় যে, এই মহামাৰীটো চীনৰ তৰফৰ পৰা সমগ্ৰ বিশ্বলৈ এক আগ্ৰাসী উপহাৰ। কিন্তু দৰাচলতে একেসময়তে কভিড-১৯ত আক্ৰান্ত হৈ চীন আৰু বিশেষকৈ উহানৰ সহস্ৰাধিক লোকৰ মৃত্যু ঘটিছে। পৰিচালনা গৱেষণা -2ভাইৰাছৰ সংক্ৰমণ আৰু বিকাশৰ ক্ষেত্ৰত থকা প্ৰধান ভূমিকাৰ বাবে, 2, 2" ক কেন্দ্ৰ কৰি কিছুমান গৱেষণাৰ সম্ভাৱনা সৃষ্টি হৈছে। তদুপৰি, কেতবোৰ ঔষধসংক্ৰান্তিয় উপদেশো আগবঢ়োৱা হৈছে। ব্যক্তিগত পৰ্যায়ৰ স্বচ্ছতা, স্বাস্থ্যবিধি আৰু স্বাস্থ্যসন্মত জীৱন-প্ৰণালীক প্ৰতিৰোধী ক্ষমতা বঢ়োৱাৰ উপায় হিচাপে বিবেচনা কৰা হৈছে। তথ্য-প্ৰযুক্তি ২০২০ চনৰ ফেব্ৰুৱাৰীত চীনে এটা মোবাইল এপ মুকলি কৰি দিয়ে, য'ত এই ৰোগৰ তথ্য উপলদ্ধ হয়। ইয়াত ব্যৱহাৰ কৰ্তাৰ নাম আৰু আই ডি নম্বৰ অন্তৰ্ভুক্ত কৰিবলৈ কোৱা হয়। এই এপটোৰ জৰিয়তে সংক্ৰমণৰ সম্ভাৱনা থকা ওচৰ সম্পৰ্কীয় এপ ব্যৱহাৰকৰি লোক সকলক সহজে চিনাক্ত কৰিব পাৰে। আনহাতে কোনো এজন উপভোগকৰ্তাই অন্য তিনিজন ব্যক্তিৰ ৰোগ সম্পৰ্কীয় স্থিতি নিজেই চাই জানিব পাৰে। যদিহে কোনো ব্যক্তি সম্ভাব্য বিপদত পৰিব বুলি জনা যায় তেন্তে এই এপটোৱে ব্যক্তিজনক স্ব-গৃহবন্দীত্ব মানিবলৈ নিৰ্দেশ দিয়া হয় আৰু ওচৰৰ স্বাস্থ্যকৰ্মীৰ তত্ত্বাৱধানত ৰখা হয়। মোবাইল ডাটা, মুখাবয়বৰ চিনাক্ত কৰণ পদ্ধতি, অনলাইন মোবাইল, ফোনৰ অনুসৰণ ইত্যাদি আধুনিক যান্ত্ৰিক মাধ্যমৰ যোগেদি এই ৰোগত আক্ৰান্ত লোক সকলক বা তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলক অনুসৰণ কৰা হয় লগতে যি সকল লোকক তেওঁলোকে দক্ষিণ কোৰিয়া, টাইৱান আৰু চিংগাপুৰত লগ কৰিছিল। ২০২০চনৰ মাৰ্চ মাহৰ পৰা ইজৰাইল চৰকাৰে সুৰক্ষা কেন্দ্ৰ সমূহৰ দ্বাৰা কৰ'না ভাইৰাছত আক্ৰান্ত বা সম্ভাব্য লোক সকলৰ মোবাইলফোন ডাটা অনুসৰণ কৰে। ইয়াৰ দ্বাৰা তৎকালীন ভাৱে আৰু বাধ্যতামূলক ভাৱে এই লোকসকলক গৃহবন্দী হৈ থাকিবলৈ আৰু তেনে লোকৰ সংস্পৰ্শলৈ আহিব পৰা লোক সকলক সুৰক্ষিত কৰিবলৈ চেষ্টা কৰা হয়। আকৌ ২০২০চনৰ মাৰ্চ মাহতেই 'ডিউয়েটছ' টেলিকমে ৰোগী বা সম্ভাব্য লোক সকলৰ মোবাইলৰ স্থানীয় ডাটা চৰকাৰী জাৰ্মান ফেডাৰেল এজেন্সি, ৰবাৰ্ট ক'চ ইনষ্টিটিউটক প্ৰদান কৰে যাতে এই লোকসকলৰ ওপৰত অনুসন্ধান চলোৱাৰ লগতে ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব পৰা যায়। ৰুচত গৃহবন্দীত্বৰ নিৰ্দেশনা উলংঘা কৰা লোকৰ চিনাক্ত কৰণৰ বাবে মুখাবয়ব চিনাক্তকৰণ প্ৰযুক্তিৰ প্ৰয়োগ কৰে। ইটালীৰ আঞ্চলিক স্বাস্থ্য সংস্থা বিভাগৰ মতে ৪০% লোক বিনা অনুমতিত য'তে ত'তে ঘূৰি ফুৰিছে। জাৰ্মান চৰকাৰে প্ৰায় ৪৮ ঘণ্টাৰ সাপ্তাহিক শ্ৰম বিৰতিৰ ঘোষণা কৰিছে। মানসিক সহযোগিতা সংগৰোধ, যাত্ৰা নিষিদ্ধকৰণ, চিকিৎসাৰ পাৰ্শ্বক্ৰিয়া, সংক্ৰমিত হোৱাৰ আশংকা এই সকলো মিলি ব্যক্তিবিশেষক মানসিক পীড়া দিব পাৰে। সেয়হে মানসিক ব্যাধি দূৰীকৰণৰ বাবে ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য পৰিষদে ৰাষ্ট্ৰীয় নিয়মপঞ্জী তৈয়াৰ কৰি লোক সকলক মানসিকভাৱে হতাশাত নুভুগিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। টোকা তথ্য সংগ্ৰহ বাহ্যিক সংযোগ স্বাস্থ্য অভিকৰ্তা: কৰ'না ভাইৰাছ ৰোগ -19) (বিশ্ব স্বাস্থ্য সংস্থা) কৰ'না ভাইৰাছ ২০১৯ -19) (আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ) -19) ডাইৰেক্টৰী: -19 মেডিকেল জাৰ্ণেল: 2019 -19) -19 -2 -19 -19) -19: অন্যান্য: মহামাৰী সংক্ৰামক ৰোগ ভাইৰাছজনিত
50949
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%BE%E0%A6%9C%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%B9%E0%A6%BE%E0%A6%9A%E0%A6%BE%E0%A6%A8
নাজিয়া হাচান
নাজিয়া হাচান ৩ এপ্ৰিল ১৯৬৫- ১৩ আগষ্ট ২০০০) এগৰাকী পাকিস্তানী পপ গায়িকা, আইনজীৱী আৰু সমাজ-সেৱিকা আছিল। ১০ বছৰ বয়সত তেওঁ সঙ্গীতৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পাকিস্তান আৰু ভাৰতৰ অতি প্ৰসিদ্ধ সঙ্গীত-শিল্পীৰ অন্যতম আছিল। তেওঁৰ জনপ্ৰিয়তা সমগ্ৰ দক্ষিণ এচিয়া আৰু দক্ষিণ-পূব এচিয়াত বিয়পি পৰিছিল আৰু “পপ সঙ্গীতৰ ৰাণী” বুলি খ্যাতি অৰ্জন কৰিছিল। বিশ্বব্যাপি ৬৫ মিলিয়ন ভায়েক জোহেব হাচানৰ সৈতে গোৱা তেওঁৰ গীতৰ ৰেকৰ্ড বিক্ৰী হৈছিল। ইংৰাজী ভাষাৰ একক এলবাম ড্ৰীমাৰ দিৱানেৰ যোগে ব্ৰিটিছ তালিকাত স্থান লাভ কৰা তেওঁ প্ৰথম পাকিস্তানী আছিল। সঙ্গীত কেৰিয়াৰৰ মধ্যৱৰ্তী অৱস্থাত নাজিয়াই অৰ্থনীতি আৰু আইনত লণ্ডনৰ দুখন সু-প্ৰতিষ্ঠিত শিক্ষানুষ্ঠান ৰিচমণ্ড, দ্য আনেৰিকান ইউনিভাৰ্চিটি অৱ ইন লণ্ডন আৰু লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। নাজিয়াই গোৱা ভাৰতীয় চিনেমাৰ প্ৰথমটো গীত হ’ল “কুৰবাণী” (১৯৮০) ছবিৰ “আপ জেইচা কোই”। তেওঁৰ প্ৰথম এলবাম ডিস্কো দিৱানে (১৯৮১) ১৪খন দেশত বিতৰণ হৈছিল আৰু এচিয়’ পপৰ সেই সময়ৰ সৰ্বোচ্চ বিক্ৰীৰ ৰেকৰ্ড অতিক্ৰম কৰিছিল। এই ধাৰাবহিকতা বুম বুম (১৯৮২),ইয়ং তৰং (১৯৮৪) আৰু হট লাইনতো (১৯৮৭) অক্ষুণ্ণ আছিল। তেওঁৰ শেষ এলবাম কেমেৰা কেমেৰা ড্ৰাগচ্ বিৰোধী অভিযানৰ এক অংশ আছিল। ভাতৃৰ সৈতে বহুকেইটা টেলিভিশ্বনৰ অনুষ্ঠানত তেওঁক একেলগে দেখা গৈছিল। ১৯৮৮ত তেওঁ বিশিষ্ট সঙ্গীত শিল্পী চোহেল ৰাণাৰ সৈতে চাং চাং নামৰ অনুষ্ঠানত অংশ লৈছিল। তেওঁলোকে সোৱেব মনচুৰ প্ৰযোজিত পপ সঙ্গীতৰ সৰ্বপ্ৰথম মঞ্চ প্ৰদৰ্শন মিউজিক '৮৯ আঁতধৰোঁতাৰ দায়িত্ব পালন কৰিছিল। নাজিয়াৰ সফলতাই ভাৰতীয় আৰু পাকিস্তানী পপ সঙ্গীতক এক নিৰ্দিষ্ট আকাৰ দিয়াত বিশিষ্ট ভূমিকা পালন কৰিছিল। নাজিয়াৰ সঙ্গীত কেৰিয়াৰৰ দৈৰ্ঘ্য যদিও মাত্ৰ পোন্ধৰ বছৰহে, তথাপি তেওঁ সৰ্বাধিক জনপ্ৰিয় চেলিব্ৰিটিসকলৰ অন্যতম আছিল। তেওঁ বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল আৰু মাত্ৰ পোন্ধৰ বছৰ বয়সতে ফিল্মফেয়াৰ বঁটা বিজেতা প্ৰথম পাকিস্তানী আৰু সেই সময়ৰ সৰ্ব-কনিষ্ঠ ফিল্মফেয়াৰ বিজেতা আছিল। হাচানক পাকিস্তানৰ অসামৰিক প্ৰাইড অৱ পাৰফৰমেঞ্চ সন্মানেৰে ভূষিত কৰা হৈছিল। তেওঁ সমাজসেৱামূলক কাৰ্যৰেও জড়িত হৈ পৰিছিল আৰু ইউনিচেফৰ ১৯৯১ৰ সাংস্কৃতিক এম্বেচেদৰ নিযুক্ত হৈছিল। ২০০০ চনৰ ১৩ আগষ্টৰ দিনা মাত্ৰ ৩৫ বছৰ বয়সত হাওফাৰ কৰ্কট ৰোগত তেওঁৰ মৃত্যু হৈছিল। সঙ্গীত জীৱন ১৯৭৫-১৯৮০: প্ৰাৰম্ভিক পৰিচিতি নাজিয়াই ১৯৭০ৰ দশকত পাকিস্তান টেলিভিচনত এজনী শিশুশিল্পী হিচাপে অৱতীৰ্ণ হৈছিল। ১৯৮০ চনত হিন্দী ছবি "কুৰবাণী"ৰ "আপ জেইচা কোই" শীৰ্ষক গীতটোৰ যোগে তেওঁৰ পেচাদাৰী গায়কী আৰম্ভ হৈছিল। তেতিয়া তেওঁৰ বয়স ১৫ বছৰ। যুক্ত ৰাজ্যৰ এটা পাৰ্টিত তেওঁ ছবিখনৰ পৰিচালক ফিৰোজ খানক লগ পাইছিল। সেই সূত্ৰে পৰিচালক খানে হাচানক লণ্ডনত প্ৰতিষ্ঠিত ভাৰতীয় মূলৰ মিউজিক কম্পোজাৰ বিদ্দুৰ ওচৰত অ’ডিচন দিবলৈ অনুৰোধ জনায়। বিদ্দুয়ে তেওঁ নিজে কম্পোজ কৰা "কুৰবাণী"ৰ "আপ জেইচা কোই" গীতটোৰ বাবে হাচানক চুক্তিবদ্ধ কৰায়। গীতটো ভাৰতত যথেষ্ট জনপ্ৰিয় হয় আৰু হাচান পাকিস্তানী হোৱা সূত্ৰে সেইখন দেশতো যশস্যা লাভ কৰে। এই গীতটোৰ তেওঁ বাবে ১৯৮১ চনৰ ফিল্মফেয়াৰ শ্ৰেষ্ঠ নেপথ্য মহিলা কণ্ঠশিল্পীৰ বঁটা লাভ কৰে। ১৯৮২ত মুক্তি পোৱা কুমাৰ গৌৰৱ, ৰতি অগ্নিহোত্ৰী আৰু পুনম ধিলন অভিনীত বলীউডী ষ্টাৰ ছবিখনৰ আটাইকেইটা গীততে হাচান আৰু তেওঁৰ ভাতৃ জোহেবে কণ্ঠদান কৰে। ১৯৮১-১৯৮৭: পপ সঙ্গীত আৰু চুপাৰ ষ্টাৰডম জনপ্ৰিয়তাৰ চূড়াত অৱতীৰ্ণ হোৱা কুৰবাণী ছবিৰ আপ জেইচা কোইৰ পিছত হাচানে বিদ্দুৰ সৈতে বহুকেইটা সঙ্গীত প্ৰকল্পত জড়িত হৈ পৰে। অচলচ্চিত্ৰীয় এলবাম মুক্তি দিয়া তেৱেঁ প্ৰথম নেপথ্য সঙ্গীত শিল্পী আছিল। ১৯৮১ত ভাতৃ জোৱেব হাচানৰ সৈতে একেলগে কণ্ঠদান কৰা তেওঁৰ ডিস্কো দিৱানে শীৰ্ষক এলবামটো মুক্তি পায়; যিয়ে ভাৰত আৰু পাকিস্তানৰ সকলো বিক্ৰীৰ ৰেকৰ্ড ভঙ্গ কৰিছিল। আনকি ৱেষ্ট ইণ্ডিজ, লেটিন আমেৰিকা আৰু ৰুচিয়াতো ই তালিকাৰ শীৰ্ষত আছিল। ডিস্কো দিৱানেৰ সফলতাৰ পিছত বিদ্দুৱে দুই ভাতৃ-ভগ্নীক চলচ্চিত্ৰত অভিনয়ৰ বাবে প্ৰস্তাৱ দিয়ে। কিন্তু তেওঁলোকে সেই প্ৰস্তাৱ গ্ৰহণ নকৰি গীত গাই যাবলৈ মনস্থ কৰে। নাজিয়াৰ দ্বিতীয় এলবাম ষ্টাৰ/বুম বুম ১৯৮২ত মুক্তি পায়। এলবামটোৰ চাউণ্ডট্ৰেক ষ্টাৰ (১৯৮২) ছবিত ব্যৱহাৰ কৰা হয়। ছবিখন ব্যৱসায়িকভাবে সফল হোৱা নাছিল যদিও এলবামটোৱে ভাৰত আৰু পাকিস্তানত দুই হাচান ভাতৃ-ভগ্নীৰ জনপ্ৰিয়তা বঢ়াইছিল। ষ্টাৰ/বুম বুমৰ বাবে নাজিয়া হাচানে ফিল্মফেয়াৰ শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ মনোনয়ন পাইছিল। নাজিয়াৰ তৃতীয় এলবাম ইয়ং তৰঙ্গ্ ১৯৮৪ত মুক্তি পাইছিল। এইটোৱে পাকিস্তানৰ প্ৰথম মিউজিক ভিডিঅ’ আছিল, যিটো লণ্ডনৰ ডেভিড ৰোজ আৰু কেথি ৰোজে নিৰ্মাণ কৰিছিল। এই এলবামটোৱেও এচিয়াত জনপ্ৰিয়তা পাইছিল। ইয়াৰে আঁখিয়া মিলানেৱালে এটা যথেষ্ট জনপ্ৰিয় গীত আছিল। ইয়ং তৰঙ্গ্ৰ মুক্তিৰ পিছত এগৰাকী নেপথ্য গায়িকা হিচাপে বলীউডলৈ প্ৰত্যাৱৰ্তন কৰিছিল। তেওঁৰ চতুৰ্থ এলবাম (ভাতৃ জোহাইবৰ সৈতে একেলগে) হটলাইন ১৯৮৭ত মুক্তি পাইছিল। ইয়াৰে আ হাঁ গীতটোৱে সেইসময়ত অতি জনপ্ৰিয়তা লাভ কৰিছিল। মিউজিক '৮৯ আৰু অৱসৰ ১৯৮৮ ত নাজিয়া আৰু তেওঁৰ ভাতৃ জোৱেবে সঙ্গীত-গুৰু চোহেল ৰাণাৰ সৈতে চাং চাঙত অৱতীৰ্ণ হয়। ১৯৮৯ত দুই ভাতৃ-ভগ্নীয়ে সোৱেব মনচুৰ প্ৰযোজিত মিউজিক '৮৯ত হোষ্টৰ ভূমিকা পালন কৰে। এয়া আছিল পপ সঙ্গীতৰ টেলিভিচন যোগে প্ৰচাৰিত হোৱা সৰ্ব প্ৰথম মঞ্চ অনুষ্ঠান। এই অনুষ্ঠানটোৱে পিছলৈ জনপ্ৰিয় হোৱা বহুতো উদীয়মান পাকিস্তানী বেণ্ড আৰু গায়কক বাহিৰলৈ উলিয়াই আনিছিল। সেই একে বছৰতে নাজিয়াই পাকিস্তান টেলিভিচনৰ অন্য এক অনুষ্ঠান ধনকৰো হোষ্ট কৰিছিল। ১৯৯১ত নাজিয়া আৰু জোৱেবে তেওঁলোকৰ পঞ্চম এলবাম কেমেৰা কেমেৰাৰ বাণীবন্ধন কৰে। পিছৰ বছৰ ই মুক্তি লাভ কৰে। মুক্তিৰ আগে আগে দুয়ো এইটোৱে তেওঁলোকৰ শেষ এলবাম বুলি ঘোষণা কৰে। এলবামটোৱে শ্ৰোতাৰ সাধাৰণ সহাঁৰিহে পালে, পূৰ্বৰ দৰে সফলতা নাপালে। বিদ্দুৱে নিজে কম্পোজ কৰা "মে’ড ইন ইণ্ডিয়া" শীৰ্ষক এটা গীতত নাজিয়াই কণ্ঠদান কৰাটো বিচাৰিছিল। কিন্তু তেওঁ ইতিমধ্যে সঙ্গীত জগতৰ পৰা অৱসৰ লোৱা হেতুকে গাবলৈ অসন্মত হ’ল। পিছলৈ এইটো আলিচা চিনায়ে গায়। ডিস্কোগ্ৰাফী আপ জেইচা কোই (১৯৮০) ডিস্ক’ দিৱানে (১৯৮১) আৱাৰ লাভ লাষ্ট্ ফৰএভাৰ (এল পি) (১৯৮১) গেট এ লিটল ক্লোজাৰ (এল পি) (১৯৮২) ষ্টাৰ/ বুম বুম (১৯৮২) ড্ৰিমাৰ দিৱানে (১৯৮৩) ইয়ং তৰঙ্গ্ (১৯৮৪) ইলজাম (১৯৮৬) মেই বলৱান (১৯৮৬ চলচ্চিত্ৰ) শীলা (১৯৮৭) হটলাইন (নাজিয়া আৰু জোৱেবৰ যুটীয়া এলবাম) (১৯৮৭) দেন হি কিচড্ মি ((এল পি) (১৯৮৮) ছায়া (১৯৮৯ চলচ্চিত্ৰ) ধনক ((১৯৮৯) কেমেৰা কেমেৰা ((১৯৯২) প্ৰ’ অডিঅ’ শ্বো (১৯৯৫) ষ্টুডেণ্ট অৱ দ্য ইয়েৰ (২০১২ চলচ্চিত্ৰ) চিগনেচাৰ (শুনো শুনো আৰু হিম্মত সে) (২০১৭) নাজিয়া হাচান বিষয়ক তথ্যচিত্ৰ এ মিউজিক ফেয়াৰী, এ ট্ৰিবিউট টু নাজিয়া হাচান- আহমেদ হবিবৰ তথ্যচিত্ৰ বঁটা আৰু সন্মান প্ৰাইড অৱ পাৰফৰ্মেঞ্চ শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ ফিল্মফেয়াৰ বঁটা ডবল প্লেটিনাম বঁটা মৰণোত্তৰ ডক্টৰেট ডিগ্ৰি (ৰিচ্মণ্ড আমেৰিকান বিশ্ববিদ্যালয়, লণ্ডন,২০১৪ ৫৩তম জন্মদিনত "গুগল-ডুডল" স্থান তথ্যসূত্ৰ বাহ্যিক সংযোগ পাকিস্তানৰ ব্যক্তি মৃত ব্যক্তি কণ্ঠশিল্পী ফিল্মফেয়াৰ বঁটা
33601
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%8B%E0%A6%A3%E0%A6%BE%E0%A6%B2%E0%A7%80%20%E0%A6%AC%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%87
সোণালী বেন্দ্ৰে
সোণালী বেন্দ্ৰে জন্ম: জানুৱাৰী ১, ১৯৭৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ঘাইকৈ হিন্দী চলচ্চিত্ৰত অভিনয় কৰিলেও তেওঁ "মুৰাৰী", "খড়গম", "ইন্দ্ৰ", "মন্মধুড়ু", "শংকৰ দাদা এম.বি.বি.এছ." আদি তেলেগু চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে অধিক সমাদৃত। ইয়াৰ উপৰিও তেওঁ মাৰাঠী, তামিল আৰু কানাড়া চলচ্চিত্ৰতো অভিনয় কৰিছে। তদুপৰি তেওঁ "ইণ্ডিয়ান আইডল"ৰ চতুৰ্থ সংস্কৰণ আৰু "ইণ্ডিয়া হেজ গট টেলেণ্ট" আদিত বিচাৰক হিচাপেও ভূমুকি মাৰিছে। তেওঁক মহাৰাষ্ট্ৰত প্ৰিল চাবোন,সূৰ্যা বাল্ব এণ্ড ট্যুব, ওমেগা ৱাট্ছেছ, ড॰ মৰ্পেন, ডাবৰ, ভি-জন গ্ৰুপ আদি আৰু অন্ধ্ৰ প্ৰদেশত কল্যাণ কাঁচী আদিৰ ব্যৱসায়িক প্ৰতিনিধি হিচাপেও দেখা গৈছে। ব্যক্তিগত জীৱন আৰু শিক্ষা মহাৰাষ্ট্ৰৰ এটা ছিকেপি পৰিয়ালত সোণালী বেন্দ্ৰেৰ জন্ম হয়। বাংগালোৰ আৰু মুম্বাইত তেওঁ কেন্দ্ৰীয় বিদ্যালয় মালেশ্বৰম আৰু হলী ক্ৰছ কনভেণ্ট হাই স্কুল, থানেত শিক্ষা গ্ৰহণ কৰে। ২০০২ চনৰ ১২ নৱেম্বৰত তেওঁ তেওঁ অভিনেতা/নিৰ্দেশক গোল্ডী বেহেলৰ লগত বিয়াত বহে। ১১ আগষ্ট ২০০৫ত ব্ৰীছ কেণ্ডী হস্পিতালত তেওঁ পুত্ৰ সন্তান ৰণৱীৰক জন্ম দিয়ে। পেছাদাৰী জীৱন "ষ্টাৰ ডাষ্ট টেলেণ্ট ছাৰ্চ"ত নিৰ্বাচিত হোৱাৰ আগতে বেন্দ্ৰেই এগৰাকী মডেল হিচাপে খোজ দিয়ে। তাৰ পিছত তেওঁ মুম্বাইলৈ আমন্ত্ৰিত হয় আৰু ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ কেবাগৰাকীও আগশাৰীৰ অভিনয় শিল্পীৰ পৰা প্ৰশিক্ষণ লাভ কৰে। ১৯৯৪ চনৰ ‘’আগ’’ ছবিখনত গোৱিন্দাৰ বিপৰীতে অভিনয় কৰি তেওঁ ছবিজগতত প্ৰথম খোজ পেলায়। প্ৰথম অৱস্থাত সফল হ’বলৈ কিছু সংগ্ৰাম কৰিবলগীয়া হ’লেও পিছলৈ ‘’দিলজলে’’(১৯৯৬), ’’ভাই’’, ’’সৰফৰোজ’’, ’’জখম’’, ’’ডুপ্লিকেট’’, ’’কধলৰ ধিমান (তামিল)’’, ’’হম সাথ সাথ হ্যে’’(১৯৯৯), ’’তেৰা মেৰা সাথ ৰহে’’, ’’অনাহত’’(২০০৩) আদি ছবিৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰে। চাৰিওজন খানৰ (শ্বাহৰূখ, আমিৰ, চলন্ত আৰু ছেইফ) বিপৰীতে অভিনয় কৰা কমসংখ্যক অভিনেত্ৰী সকলৰ ভিতৰত তেৱোঁ এগৰাকী। তদুপৰি তেওঁ বলীউদৰ শীৰ্ষ অভিনেতা অক্ষয় কুমাৰ, সুনীল সেট্টি, অজয় দেৱগণ, সঞ্জয় দত্ত, অনিল কাপুৰ আদিৰ বিপৰীতেও অভিনয় কৰিছে। ‘’ইন্দ্ৰ’’,’’শংকৰদাদা এম.বি.বি.এছ.’’,’’অংগাৰে’’,’’মনমধুড়ু’’ আদি ছবিত তেওঁ তেলেগু চুপাৰষ্টাৰ চিৰঞ্জিৱী,অক্কিনেনী নাগাৰ্জুনা আৰু ‘’প্ৰীথছে’’ ছবিত কানাড়া চুপাৰষ্টাৰ উপেন্দ্ৰৰ সৈতেও অভিনয় কৰিছে। এগৰাকী অভিনেত্ৰী হোৱাৰ লগতে গদ্দাৰ, সপুত, বোম্বে, লজ্জা, মেজৰ ছাব আদি ছবিৰ জৰিয়তে তেওঁ এগৰাকী ভাল নৰ্ত্তকী হিচাপেও খ্যাতি লাভ কৰিছে। ২০০৩ চনত তেওঁ শ্বাহৰূখ খান, ছেইফ আলি খান আৰু প্ৰীতি জিণ্টা অভিনীত ‘’কল হো না হো’’ত বিশেষ ভূমিকাত অভিনয় কৰে। বেন্দ্ৰেই আপ কি ছোনিয়া নামৰ এক নাটকতো অভিনয় কৰে। ১৯৯৬ চনৰ ১ নৱেম্বৰত মাইকেল জেকছন ভাৰতলৈ আহোঁতে তেওঁ পৰম্পৰাগত মহাৰাষ্ট্ৰীয় নৌৱৰি শাৰী পিন্ধি তেওঁক আদৰণি জনায়। টেলিভিছন জগত বেন্দ্ৰে টেলিভিছনৰ "ক্যা মস্তি ক্যা ধুম" নামৰ নৃত্যানুস্থানটিৰ ঘোষিকা আছিল আৰু ছনী এণ্টাৰটেইনমেণ্ট টেলিভিছনৰ ‘’ইণ্ডিয়ান আইডল’’ৰ এগৰাকী বিচাৰক আছিল। ২৬ ফেব্ৰুৱাৰী,২০০৫ত তেওঁ ছেইফ আলি খান আৰু ফৰিদা জালালৰ সৈতে ৫০তম ফিল্মফেয়াৰ বঁটা বিতৰণী অনুষ্ঠানত ঘোষিকা হিচাপে অংশগ্ৰহণ কৰে। তদুপৰি তেওঁক ‘’মি° এণ্ড মিচেছ টেলিভিছন’’, ’’ইণ্ডিয়ান আইডল ৪’’, ’’ইণ্ডিয়াহেজ গট টেলেণ্ট’’ আদি অনুষ্ঠানত বিচাৰক হিচাপে দেখা যায়। ২০১২ চনত তেওঁ ক’ৰিয়গ্ৰাফাৰ টেৰেঞ্চ লিৱিছৰ সৈতে লাইফ ওকে চেনেলত ‘’হিন্দুঃস্থান কে হুনৰবাজ’’ নামৰ নৃত্যানুস্থান শৃংখলাৰ বিচাৰক হিচাপে অংশগ্ৰহণ কৰে। বলীউদলৈ পুনৰাগমণ ২০১২ চনৰ জুন মাহত বেন্দ্ৰেয়ে ‘’ইণ্ডিয়া হেজ গট টেলেণ্ট ৪’’ৰ বিচাৰকৰ আসন এৰি দিয়া বুলি গুজব উঠে। তেওঁৰ ঠাইত ৰিতেশ দেশমুখক লোৱাৰ কথা ভবা হয়। অৱশ্যে পিছত প্ৰকাশ হয় যে অনাগত কথাছবি ‘’ৱান্স আপন এ টাইম এগেইন’’ক সময় দিবলৈ হে তেওঁ অনুষ্ঠানটি এৰে। পিছত জুলাইৰ আৰম্ভণিতে তেওঁ ঘোষণা কৰে যে এই ছবিখনেৰে তেওঁ বলীউদলৈ পুনৰাগমণ কৰিব। নিৰ্দেশক মিলান লুথাৰিয়াই তেওঁৰ চৰিত্ৰটিৰ বিষয়ে কয়: "সোণালীৰ চৰিত্ৰটিৰ নাম মুমতাজ। ছবিখনত এই চৰিত্ৰটি অতি গুৰুত্বপূৰ্ণ। ই কাৰো মাক,ভগ্নী বা বৌৱেক নহয়, বৰং ইয়াৰ এক নিজস্ব পৰিচয় আছে। চৰিত্ৰটিৰ এই বিশেষত্বৰ বাবেই সোণালীয়ে এই ছবিখনৰ এক অংশ হ’বলৈ মান্তি হয়। ২০০৪ চনত তেওঁ ছবিজগতৰপৰা এক বিৰাম লয় আৰু পুত্ৰৰজন্মৰ পিছত টেলিভিছন জগতত কাম কৰে। ইয়াৰ আগতে তেওঁ বহুকেইখন ছবিৰ প্ৰস্তাৱ নাকচ কৰে কাৰণ তেওঁ পৰিয়ালক বিশেষকৈ নিজ পুত্ৰক অধিক গুৰুত্ব দিয়ে। কিন্তু একতা আৰু শোভা কাপুৰৰ লগত থকা তেওঁৰ বন্ধুত্ব আৰু লুথাৰিয়া (চোৰি চোৰি) আৰু কুমাৰৰ (তৰাজু, সপুত, অংগাৰে, কীমত) লগত আগতেও অভিনয় কৰা বাবে তেওঁ ‘’ৱান্স আপন এ টাইম এগেইন”ৰ প্ৰস্তাৱ নাকচ নকৰিলে। বঁটা ফিল্মফেয়াৰ বঁটা ১৯৯৫, ফিল্মফেয়াৰ লাক্স নতুন মুখ বঁটা- আগ ষ্টাৰ স্ক্ৰীণ বঁটা ১৯৯৪, শ্ৰেষ্ঠ নৱাগতাৰ ষ্টাৰ স্ক্ৰীণ বঁটা ২০০১, শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ ষ্টাৰ স্ক্ৰীণ বঁটা হামাৰা দিল আপকে পাছ হ্যে ২০০৪, শ্ৰেষ্ঠ মাৰাঠী অভিনেত্ৰীৰ ষ্টাৰ স্ক্ৰীণ বঁটা অনাহত গোল্ডেন পেটেল এৱাৰ্ড ২০১১, শ্ৰেষ্ঠ জনপ্ৰিয় ব্যক্তিত্ব ইণ্ডিয়াজগট টেলেণ্ট চলচ্চিত্ৰপঞ্জী তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ভাৰতৰ ব্যক্তি জীৱিত ব্যক্তি ভাৰতীয় অভিনেত্ৰী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী ফিল্মফেয়াৰ বঁটা
86957
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A7%8B%E0%A6%97
ভোগ
ভোগ (বিশেষ্যঃ 'সুখ' বা 'আনন্দ', ক্ৰিয়াঃ 'সমাপ্ত' বা 'সমাপ্ত কৰা') হিন্দু আৰু শিখ ধৰ্মত ব্যৱহৃত শব্দ। শিখ ধৰ্মত গুৰু গ্ৰন্থ চাহিবৰ সামৰণি অংশ পাঠৰ লগতে ভোগ দিয়া হয়। বিয়া, বাৰ্ষিকী, অন্ত্যেষ্টিক্ৰিয়া আৰু অন্যান্য অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ভোগ দিয়া হয়। কোনো পৰিয়াল বা কোনো উপাসনাকাৰী সম্প্ৰদায়ে ভোগৰ সৈতে কোনো ধৰ্মীয় পাঠ্যৰ পঠন উপযুক্ত বুলি বিবেচনা কৰা হয়। হিন্দু ধৰ্ম হিন্দু ধৰ্মত ভোগ হৈছে দেৱতাক দিয়া খাদ্য। ভক্ত সকলে মনোকামনা পূৰণ হোৱাৰ আশাৰে দেৱতালৈ বুলি মন্দিৰত প্ৰসাদ স্বৰূপে ভোগ আগবঢ়াই আশীৰ্বাদ বিচাৰে। এই ভোগৰ অধিক জনপ্ৰিয় সংস্কৰণ সমূহ হৈছে খিচিৰি, পায়স বা নিৰামিষ আহাৰ। শিখ ধৰ্ম শ্ৰী গুৰু গ্ৰন্থ চাহিব জীৰ সামৰণি অংশ পাঠৰ লগতে পালন কৰা নিয়মৰ বাবে শিখ ধৰ্মত ভোগ শব্দটো ব্যৱহাৰ কৰা হয়। এই পবিত্ৰ শাস্ত্ৰৰ পাঠ এটা প্ৰধান উপাসনা কেন্দ্ৰত পাঠকৰ কৰ্মচাৰীৰ সৈতে দৈনন্দিনভাৱে কৰা হয়। সমাজে সাধাৰণতে ‘ভোগ’ক তেওঁলোকৰ পবিত্ৰ গ্ৰন্থ (শ্ৰী গুৰু গ্ৰন্থ চাহিব জী)ৰ নীৰৱচ্ছিন্ন আৰু সম্পূৰ্ণ পাঠৰ সৈতে সম্পৰ্কিত কৰে। সাধাৰণতে ২৪ ঘণ্টাই এজনৰ পিচত আন এজনকৈ পাঠকৰ জৰিয়তে এই গ্ৰন্থপাঠ সম্পূৰ্ণ হ’বলৈ দিন লাগে। ইয়াক অখণ্ড পাঠ বুলিও কোৱা হয়। এই ধৰণৰ পাঠৰ শেষৰ ফালে ‘ভোগ’ দিয়া হয়। সেই অনুসৰি জন্মদিন, বৰ্ষপূৰ্তি আৰু অন্যান্য অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এই ধৰ্মগ্ৰন্থ পাঠ সম্পন্ন কৰিব পাৰি, যেতিয়া কোনো পৰিয়াল বা সম্প্ৰদায়ে এনে পাঠক উপযুক্ত বুলি বিবেচনা কৰিব পাৰে। এনে পৰিপ্ৰেক্ষিতত ভোগ দিয়া হয়। 'ভোগ' শব্দটোৰ ব্যুৎপত্তি হৈছে সংস্কৃত শব্দৰ পৰা আৰু ক্ৰিয়া হিচাপে ইয়াৰ অৰ্থ 'সমাপ্ত কৰা' বা 'সম্পূৰ্ণ কৰা'। ভোগৰ দ্বাৰা সাধাৰণতে অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ হোৱাকো বুজোৱা হয়। যিকোনো মণ্ডলীৰ সেৱাৰ শেষত বিতৰণ কৰা কৰ প্ৰসাদকো ‘ভোগ’ বুলি কোৱা হ’ব পাৰে। আনন্দ বা দুখৰ উপলক্ষে শিখ গৃহস্থক নিজৰ বা পৰিয়ালৰ পছন্দৰ গুৰু গ্ৰন্থ চাহিব জীৰ পথ অনুসৰণ কৰিবলৈ প্ৰেৰণা দিয়ে। যদি এয়া সম্ভৱ নহয়, তেন্তে পাঠক বা শাস্ত্ৰ-পাঠকক ইয়াৰ বাবে আমন্ত্ৰণ জনোৱা হয়। সাপ্তাহিক পাঠৰ ক্ষেত্ৰত পাঠকে শেষৰ পাঁচ পৃষ্ঠাৰ বাহিৰে সমগ্ৰ পবিত্ৰ পুথিখন পঢ়ে। এই সময়তে কৰহ প্ৰসাদ প্ৰস্তুত কৰা হয়। ‘উদ্বোধনী অংশ’ৰ পিছত অপঠন অংশটো আগবঢ়াই নিয়া হয়। পাঠকে লাহে লাহে আৰম্ভ কৰি গুৰু টেগ বাহাদুৰৰ ৫৭টা দ্বৈত মুণ্ডাৱনী আৰু গুৰু অৰ্জনৰ এটা শ্লোক (বা এটা গীত) ৰাগমালা অনুসৰণ কৰি পাঠ কৰে। শেষত ভোগ স্বৰূপ প্ৰসাদ বিতৰণ কৰা হয়। পশ্চিম বংগত পশ্চিম বংগ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত দুৰ্গা পূজা, কালী পূজা, সৰস্বতী পূজা আদি প্ৰধান উৎসৱত সাধাৰণতে ভোগ বিতৰণ কৰা হয়। ভোগ হৈছে এক ধন্য খাদ্য যিয়ে প্ৰসাদৰ বিপৰীতে সম্পূৰ্ণ আহাৰ হিচাপে দুগুণ কাম কৰে। ভোগৰ এটা সাধাৰণ ৰূপ হ’ল খিচিৰি, অৰ্ধ শুকানকৈ শাক-পাচলি প্ৰস্তুত কৰা, মিঠাকৈ বিলাহীৰ চাটনি আৰু পায়স (খীৰ)ৰ সৈতে পৰিবেশন কৰা হয়। সাধাৰণতে এই ভোগ কলপাত বা আন ডাঙৰ আকাৰৰ পাতৰ সমতল প্লেটত পৰিবেশন কৰা হয়। ভাৰতীয় মন্দিৰৰ জনপ্ৰিয় ভোগ মন্দিৰৰ প্ৰসাদৰ প্ৰতি থকা শ্ৰদ্ধা সমগ্ৰ ভাৰতবৰ্ষতে গভীৰভাৱে বিয়পি আছে। বিশেষকৈ কিছুমান মন্দিৰে আত্মাৰ লগতে ভোকাতুৰ পেটৰ বাবে খাদ্যৰ সন্ধানত অহা ভক্তসকলক দৈনিক শ শ কিলোগ্ৰাম খাদ্য ভোগ হিচাপে বিতৰণ কৰি আহিছে। পুৰিৰ জগন্নাথ মন্দিৰৰ মহাপ্ৰসাদ ভোগ ভাৰতত জগন্নাথ মন্দিৰত এজন দেৱতালৈ দৈনিক ৫৬টা সুস্বাদু ব্যঞ্জনৰ ভোগ আগবঢ়োৱা হয় আৰু তেওঁৰ ভক্তসকলৰ মাজতো এই ভোগ বিতৰণ কৰা হয়। উৰিষ্যাৰ পুৰিৰ জগন্নাথ মন্দিৰত প্ৰতিদিনে হাজাৰ হাজাৰ তীৰ্থযাত্ৰীৰ খাদ্য ৰান্ধিবলৈ হাজাৰজন ৰান্ধনীয়ে কষ্ট কৰে। চাউল, মচুৰ দাইল, বেঙেনা, ৰঙালাও আদি শস্য তথা শাক-পাচলি ব্যৱহাৰ কৰি ভোগ স্বৰূপ মহাপ্ৰসাদ প্ৰস্তুত কৰা হয়। দক্ষিণেশ্বৰ, কলকাতা কলকতাৰ দক্ষিণা কালিৰ মন্দিৰত, চাটনি আৰু অন্যান্য বতৰৰ শাক-পাচলিৰ সৈতে ভোগ প্ৰসাদ খিচিৰি খাবলৈ দৈনিক বহু ভক্তৰ আগন ঘটে। শিৰদী সাই বাবা মন্দিৰ শিৰদীত প্ৰতিদিনে সাই বাবা মন্দিৰৰ কাষৰ এই বিশাল পাকঘৰত আন আন শাক-পাচলিৰ ব্যঞ্জন প্ৰস্তুতিৰ লগতে প্ৰায় ২০০০ কিলোগ্ৰাম দালি আৰু চাউলৰ খাদ্য প্ৰস্তুত কৰা হয়। ইয়াৰ পাকঘৰ ৰাইজক খাদ্য যোগান ধৰাৰ বাবে উৎসৰ্গিত এছিয়াৰ সৰ্ববৃহৎ সৌৰশক্তিচালিত পাকঘৰ। তিৰুমালা তিৰুপতি মন্দিৰৰ ভোগ এই হিন্দু মন্দিৰটো সুস্বাদু প্ৰসাদ লাড়ু আৰু ভোগৰ বাবে বিখ্যাত। মন্দিৰৰ পাকঘৰটোত ১১০০ ৰান্ধনীৰে সৌৰশক্তিৰ ব্যৱহাৰৰে ভোগ প্ৰস্তুত কৰে। তিৰুপতিত হাজাৰ হাজাৰ ভক্তক পৰিবেশন কৰিবলৈ দৈনিক দক্ষিণ ভাৰতীয় খাদ্যৰ এক শৃংখল ৰন্ধা হয়। অমৃতসৰৰ সোণালী মন্দিৰ এই মন্দিৰৰ পাকঘৰত এদিনতে দালি, চাউল, ৰুটি আৰু মিঠাই ইমান পৰিমাণে ৰান্ধা হয় যে এই খাদ্য এজন ব্যক্তিয়ে এবছৰতকৈও অধিক সময় খাব পাৰিব। ইয়াৰ স্বেচ্ছাসেৱকসকলে সেৱাৰ মনোভাৱৰে সুস্বাদু খাদ্য ৰান্ধে। কইম্বাটুৰৰ মুৰুগান মন্দিৰৰ পঞ্চামৃত তামিলনাডুৰ কইম্বাটুৰৰ দক্ষিণ-পূব দিশত প্ৰায় ১৫০ কিলোমিটাৰ নিলগত পালানীত অৱস্থিত অৰুলমিগু দণ্ডযুধপানী স্বামী মন্দিৰ। ভাৰতৰ ই একমাত্ৰ হিন্দু মন্দিৰ য'ত প্ৰসাদৰ স্বৰূপ ভোগক ভৌগোলিক সূচক টেগ দিয়া হৈছে। এই প্ৰসাদম কল, গৰুৰ ঘিঁউ, গুৰ, মৌ আৰু ইলাচিৰে তৈয়াৰ কৰা হয়, আৰু কেতিয়াবা তাত খেজুৰ আৰু চেনি মিহলাই দিয়া হয়। তথ্যসূত্ৰ খাদ্য
58365
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%82%E0%A6%97%E0%A7%80%E0%A6%A4
সংগীত
সংগীতৰ দ্বাৰা গীত, বাদ্য, নৃত্য এই তিনিটা বিষয়ৰ সমাবেশক উল্লেখ কৰা হয়। সংগীতৰ সাধাৰণ সংজ্ঞাত পিচ (যিটো সুৰ তথা ঐক্যন পৰিচালনা কৰে), ছন্দ (আৰু ইয়াৰ লগত সম্পৰ্কিত ধাৰণাবোৰ টেম্পো, মিটাৰ আৰু উচ্চাৰণ), গতিশীলতা (কঠৰতা আৰু কমলতা), আৰু গঠন আৰু গাঁথনি ধ্বনিগত গুণাৱলী (যিটো হ'ল কেতিয়াবা কেতিয়াবা বাদ্যযন্ত্ৰৰ "ৰং" বুলি কোৱা হয়)। বিভিন্ন শৈলী বা সংগীতৰ ধৰণবোৰ এই উপাদানসমূহৰ মাজত জোৰ দিব পাৰে, ডি-জোৰ দিব পাৰে বা ত্যাগ দিব পাৰে। সংগীতৰ পৰা আৰম্ভ কৰি ৰেপিং লৈকে বিস্তৃত বাদ্যযন্ত্ৰ আৰু ভোকাল কৌশলসমূহৰ লগত সঞ্চালিত হয়; ইয়াত কেৱলমাত্ৰ যন্ত্ৰৰ স্বৰলিপি, এককভাবে ভোকাল স্বৰলিপি (যেনে যন্ত্ৰৰ সঙ্গী নহোৱা গীত) আৰু সুৰবোৰ যিটো গোৱা আৰু যন্ত্ৰবোৰক একলগ কৰে। গ্ৰীক শব্দটো (মৌচাইক; "আৰ্টচ অফ দি মিউজ")ৰ পৰা আহিছে। ইয়াৰ আটাইতকৈ সাধাৰণ আকাৰত, সংগীতক এটা শিল্প ফৰ্ম বা সাংস্কৃতিক ক্ৰিয়াকলাপ হিচাপত বৰ্ণনা কৰে এনে ক্ৰিয়াকলাপবোৰ মাজত আছে সংগীত ৰচনাসমূহ সৃষ্টি কৰা (গীত, সুৰ, ছেম্ফোনি আৰু বহু) সংগীতৰ সমালোচনা, সংগীতৰ ইতিহাসৰ অধ্যয়ন আৰু সংগীতৰ নান্দনিক পৰীক্ষা। প্ৰাচীন গ্ৰীক আৰু ভাৰতীয় দাৰ্শনিকসকলে সুৰক অনুভূমিকভাবে সুৰ হিচাপে আৰু উল্লম্বভাবে ঐক্যন হিচাপে আদেশ কৰিছিল। "গোলকৰ সামঞ্জস্য" -ৰ নিচিনা সাধাৰণ বক্তব্য এই ধাৰণাটোক ইঙ্গিত কৰে যে সংগীত প্ৰায় শৃঙ্খলাবদ্ধ হয় আৰু শুনিবলৈ আনন্দদায়ক হয়। কিন্তু, বিংশ শতাব্দীৰ সুৰকাৰ জন কেজে ভাবিছিল যে কোনো শব্দ সংগীত হব পাৰে, উদাহৰণস্বৰূপ, "কোনো শব্দ নাই, কেৱল শব্দ" সংস্কৃতি আৰু সামাজিক প্ৰেক্ষাপট অনুসৰি সংগীতৰ সৃষ্টি, অভিনয়, তাৎপৰ্য আৰু আনকি সংজ্ঞা সুকিয়া হয়। প্ৰকৃতপক্ষত, ইতিহাস আগুৰি, সংগীতৰ কিছুমান নতুন ফৰ্ম বা শৈলীৰ "সংগীত হোৱা নাই" হিচাপে সমালোচিত হৈছে, ১৮২৫-ৰ বিথোভেনৰ গ্ৰচ ফিউজ ষ্ট্ৰিং ক’ৱাৰ্ট, ১৯০০-ৰ আৰম্ভণিত জাজ আৰু ১৯৮০-ৰ দশকৰ হাৰ্ডকুটি পাঙ্ক। জনপ্ৰিয় সংগীত, ঐতিহ্যবাহী সংগীত, শিল্প সংগীত, ধৰ্মীয় অনুষ্ঠানৰ বাবে ৰচিত সংগীত আৰু চেণ্ট্ৰেচৰ নিচিনা উপকৃত গীত সহ বহু ধৰণৰ সংগীত আছে। সংগীত কঠোৰভাবে সংগঠিত ৰচনাবোৰৰ পৰা আৰম্ভ কৰি যেনে ১৭০০ আৰু ১৮০০-ৰ দশকৰ শাস্ত্ৰীয় সংগীত চিম্ফণিবোৰ স্বতঃস্ফূৰ্তভাবে জাজৰ নিচিনা অভাৱনীয় সংগীত আৰু ২০ তথা ২১ শতকৰ সুযোগ-ভিত্তিক সমসাময়িক সংগীতৰ এভেণ্ট-গাৰ্ড শৈলীৰ মাধ্যমত অভিনয় কৰিছে। সংগীতক ৰীতিবোৰ ভাগ কৰিব পৰা যায় (যেনে, দেশীয় সংগীত) আৰু ৰীতিবোৰ অধিক উপ-ৰীতি ভাগ কৰিব পৰা যায় (যেনে, দেশীয় ব্লুজ আৰু পপ দেশীয় বহু দেশৰ উপ-ৰীতিবোৰৰ মাজত দুখন), যদিও সংগীত ঘৰানাৰ বিভাজনকাৰী ৰেখা আৰু সম্পৰ্কবোৰ প্ৰায় সূক্ষ্ম থাকে, কেতিয়াবা কেতিয়াবা ব্যক্তিগত ব্যাখ্যাৰ বাবে উন্মুক্ত, আৰু কেতিয়াবা কেতিয়াবা বিতৰ্কিত। উদাহৰণস্বৰূপ, ১৯৮০-ৰ দশকৰ প্ৰথমচোৱাত শক্ত শিলা আৰু কঠিন ধাতুৰ মাজত ৰেখা আঁকোৱা কঠিন আছিল। চাৰুকলাৰ মাজত সংগীতক পাৰফৰ্মিং আৰ্ট, ফাইন আৰ্ট বা শ্ৰোতা শিল্প হিচাপে শ্ৰেণীবদ্ধ কৰিব পৰা যায়। ‘ৰক’ কনচাৰ্ট বা অৰ্কেষ্ট্ৰা পাৰফৰ্মেঞ্চ সংগীত বজোৱা বা গোৱা বা পোনে পোনা শুনা যায়, নাটকীয় কৰ্মৰ অংশ হিচাপে এইটো পোনে শুনিব পৰা যায় (এখন সংগীত থিয়েটাৰ শ্ব’ বা অপেৰা), বা এইটো ৰেকৰ্ড কৰিব পৰা যায় আৰু এটা ৰেডিঅ’, এমপি3 3) প্লেয়াৰ, চিডিত শুনিব পৰা যায়, স্মাৰ্টফোন বা ফিল্ম স্কোৰ বা টিভি শ্ব’ হিচাপে। অনেক সংস্কৃতিত সংগীত মানুহৰ জীৱনযাত্ৰাৰ এখন গুৰুত্বপূৰ্ণ অংগ, কাৰণ এইটো ধৰ্মীয় আচাৰ, পেছেচ অনুষ্ঠানৰ অনুষ্ঠান (যেনে, প্ৰাপ্তবয়স্ক তথা বিবাহ), সামাজিক ক্ৰিয়াকলাপ (যেনে, নৃত্য) আৰু অপেচাদাৰৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক ক্ৰিয়াকলাপবোৰৰ মূল ভূমিকা পালন কৰি কাৰাওকে এটা অপেচাদাৰ ফাংক বেণ্ডত বজোৱা বা এখন সম্প্ৰদায় কণ্ঠশিল্পীৰ বাবে গোৱা। লোকসকলে যৌবনৰ অৰ্কেষ্ট্ৰাত কিশোৰী চেলো বজোৱাৰ নিচিনা ইচ্ছা হিচাপে সংগীত তৈয়াৰ কৰিব পাৰে, বা পেচাদাৰ সংগীতশিল্পী বা কণ্ঠশিল্পী হিচাপে কাম কৰিব পাৰে। সংগীত শিল্পত এনে ব্যক্তিসকলৰ অন্তৰ্ভুক্ত আছে যিসকল নতুন গীত বা বাদ্যযন্ত্ৰ তৈয়াৰ কৰে (যেনে গীতিকাৰ আৰু সুৰকাৰ), সংগীত পৰিৱেশনকাৰী ব্যক্তি (যাৰ মাজত অৰ্কেষ্ট্ৰা, জাজ বেণ্ড আৰু ৰক বেণ্ড সংগীতশিল্পী, গায়ক আৰু কণ্ডাক্টৰ অন্তৰ্ভুক্ত), সংগীত ৰেকৰ্ডকাৰী ব্যক্তি (সংগীত প্ৰযোজক আৰু শব্দ অভিযন্তা), কনচাৰ্ট ভ্ৰমণৰ ব্যৱস্থা কৰে আৰু গ্ৰাহকসকলৰ ওচৰত ৰেকৰ্ডিং, শীট সংগীত আৰু স্কোৰ বিক্ৰী কৰে। আনকি এবাৰত কোনো গীত বা স্বৰলিপি পৰিৱেশিত হৈ গ’লে, সংগীত সমালোচক, সংগীত সাংবাদিক আৰু সংগীত পণ্ডিতসকলে এই স্বৰলিপিটো আৰু ইয়াৰ কাৰ্যকাৰিতা মূল্যায়ন কৰিব পাৰে। ব্যাকৰণ গ্ৰীক শব্দটো (মৌচাইক; "আৰ্টচ অফ দি মিউজ") পৰা আহিছে। গ্ৰীকৰ পৌৰাণিক কাহিনী অনুসৰি, নটা মিউজ হ’ল সেই দেৱী যি নেকি সাহিত্য, বিজ্ঞান আৰু কলাসমূহ অনুপ্ৰাণিত কৰিছিল আৰু যিয়ে গ্ৰীক সংস্কৃতিত কবিতা, গীত-গান আৰু মিথবোৰত সংযুক্ত জ্ঞানৰ উত্স আছিল। অনুসৰী, "সংগীত" শব্দটো প্ৰাচীন ফৰাচী .)-ৰ পৰা আৰু পোনে পোনে লেটিন "সংগীত শিল্প"-ৰ পৰা কবিতাও আহিছে (ইয়াৰ উপৰিও স্পেনীয় ইটালিয়ান অল্ড হাই জাৰ্মানি জাৰ্মান ডাচ ডেনিচ )-ৰ উত্স। এইটো "...গ্ৰীক "(কলা) ৰ পৰা সম্পৰ্কিত," ৰ পৰা আহিছে। ১৬৩০ দশকৰ পৰা আধুনিক বানান [তাৰিখবোৰ]। শাস্ত্ৰীয় গ্ৰীচ, "সংগীত" শব্দটো বুজায়] যি শিল্পসকলে সভাপতিত্ব কৰিছিল কিন্তু বিশেষত সংগীত আৰু লিৰিক কবিতা। শিল্প বা বিনোদন ফৰ্ম হিচাপত শাৰীৰিক আনন্দ, ধৰ্মীয় বা আনুষ্ঠানিক উদ্দেশ্যত বা বজাৰত বিনোদন পণ্য হিচাপে সংগীত বহুবোৰ উদ্দেশ্যত ৰচিত আৰু পৰিৱেশিত হয়। শাস্ত্ৰীয় আৰু ৰোমাণ্টিক যুগৰ সময়, যেতিয়া সংগীত কেৱল শীট সংগীত স্কোৰবোৰৰ মাধ্যমত পোৱা গৈছিল, তেতিয়া সংগীত প্ৰেমীসকলে তেওঁলকৰ প্ৰিয় ট্ৰেক আৰু গীতৰ শীট সংগীত কিনিব যাওঁতে তেওঁলকৰ ঘৰতে পিয়ানত পৰিৱেশনা কৰিৰিছিল। শব্দ ৰেকৰ্ডিং অহাৰ লগে লগে শীট সংগীততকৈ জনপ্ৰিয় গীতৰ ৰেকৰ্ডবোৰ এনে এক প্ৰভাৱশালী উপায় হৈ উঠিছিল যে সংগিত প্ৰেমীসকলে তেওঁলকৰ প্ৰিয় গীত উপভোগ কৰিব পাৰিছিল। ১৯৮০-ৰ দশকত হোম টেপ ৰেকৰ্ডাৰ আৰু ১৯৯০-ৰ দশকত ডিজিটাল সংগীতৰ আবিৰ্ভাৱৰ লগতে সংগীত প্ৰেমীসকলে তেওঁলকৰ প্ৰিয় গীতৰ টেপ বা প্লেলিষ্ট তৈয়াৰ কৰিব আৰু তেওঁলকৰ লগত কোনো বহনযোগ্য কেচেট প্লেয়াৰ বা এমপি থ্ৰি 3) প্লেয়াৰ লৈ যাব পাৰিছিল। কিছুমান সংগীতপ্ৰেমী তেওঁলকৰ প্ৰিয় গীতৰ মিশ্ৰিত টেপ তৈয়াৰ কৰে যিটো "স্ব-প্ৰতিকৃতি, বন্ধুত্বৰ অংগি-ভংগি, এটা আদৰ্শ পাৰ্টিৰ বাবে প্ৰেচক্ৰিপচন ...[আৰু] আটাইতকৈ উৎসাহজনকভাবে আটাইতকৈ বেছি পছন্দ কৰা এটা বিষয় লৈ এখন পৰিৱেশ। শৌখিন সংগীতশিল্পীসকলে তেওঁলকৰ নিজস্ব আনন্দৰ বাবে সংগীত ৰাচনা বা পৰিৱেশনা কৰিব আৰু বেলেগ কৰবাত তেওঁলকৰ উপাৰ্জন পাব পাৰিলে। পেচাগত সংগীতশিল্পীসকলে সশস্ত্ৰ বাহিনী (মাৰ্চিং বেণ্ড, কনচাৰ্ট বেণ্ড আৰু জনপ্ৰয় সংগীত গঠনবোৰত), গীৰ্জা আৰু উপাসনালয়, চিম্ফণি অৰ্কেষ্ট্ৰা, সম্প্ৰচাৰ বা ফিল্ম প্ৰযোজনা সংস্থাবোৰ আৰু সংগীত স্কুল সহ একাধিক প্ৰতিষ্ঠান আৰু সংস্থাৰ দ্বাৰা নিযুক্ত হয়। পেচাগত সংগীতশিল্পীসকলে মাজে সময়ে ফ্ৰিলাঞ্চৰ বা চেশ্বন মিউজিচিয়ান হিচাপে কাম কৰে, বিভিন্ন ছেটিংচত চুক্তি আৰু ব্যস্ততা সন্ধান কৰে। অপেচাগত আৰু পেচাগত সংগীতজ্ঞসকলৰ মাজত প্ৰায় বহু সম্বন্ধ আছে। শৌখিন মিউজিচিয়ানসকলে পেচাদাৰ সংগীতজ্ঞসকলৰ পৰা পাঠ লয়। শেহতীয়া ছেটিংচত, উন্নত শৌখিন মিউজিচিয়ানসকলে বিভিন্ন গোষ্ঠী যেনেঃ কমিউনিটি কনচাৰ্ট বেণ্ড আৰু সম্প্ৰদায় অৰ্কেষ্ট্ৰাবোৰত পেচাগত সংগীততজ্ঞসকলৰ লগত পৰিৱেশন কৰে। লাইভ শ্ৰোতাসকলৰ বাবে সংগীত পৰিৱেশিত আৰু এটা ষ্টুডিঅ’ত সঞ্চালিত সংগীতৰ মাজত প্ৰায় এটা পাৰ্থক্য সৃষ্টি হ’বলৈ এইটো ৰেকৰ্ড কৰা যায় আৰু সংগীত খুচৰা চিষ্টেম বা সম্প্ৰচাৰ ব্যৱস্থাৰ মাধ্যমত বিতৰণ কৰা যায়। কিন্তু এনে বহুবোৰ ঘটনা আছে য’ত দৰ্শকৰ সমুখত এটা লাইভ পাৰফৰ্মেঞ্চত ৰিক’ৰ্ড কৰা হয় আৰু বিতৰণ কৰা হয়। লাইভ কনচাৰ্টৰ ৰেকৰ্ডিংবোৰ উভয় শাস্ত্ৰীয় সংগীত আৰু ৰ’ক হিচাপে জনপ্ৰিয় সংগীত ফৰ্মবোৰত জনপ্ৰিয়, য’ত অবৈধভাবে টেপযুক্ত লাইভ কনচাৰ্টবোৰত সংগিত প্ৰেমীসকলৰ দ্বাৰা মূল্যবান দিয়া হয়। জেম বেণ্ড দৃশ্যে লাইভ, ইম্প্ৰ’ভাইচড জেম চেশ্বনবোৰ ষ্টুডিঅ’ ৰেকৰ্ডিংতকৈ বেছি পছন্দ কৰা হয়। ৰচনা "কম্প’জিচন" হ'ল গীত, এটা যন্ত্ৰ সংগীতৰ অংশ, গোৱা আৰু যন্ত্ৰৰ উভয়ৰ লগত কৰা এখন কাৰ্য বা বেলেগ ধৰণৰ সংগীত তৈয়াৰ কাৰ্য বা অনুশীলন। পাশ্চাত্য শাস্ত্ৰীয় সংগীত সহ অনেক সংস্কৃতিত, ৰচনাৰ কামটোত সংগীত স্বৰলিপি তৈয়াৰ কৰাও অন্তৰ্ভুক্ত হৈ থাকে, যেনেঃ এটা শীট সংগীত "স্কোৰ", যি নেকি পিছত সুৰকাৰ বা অন্যান্য কণ্ঠশিল্পী বা সুৰকাৰসকলৰ দ্বাৰা সঞ্চালিত হয়। জনপ্ৰিয় সংগীত আৰু ঐতিহ্যবাহী সংগীতত, ৰচনাৰ অভিনয়, যিটো সাধাৰণত গীত ৰচনাৰ নামেৰে পৰিচিত, এইটো গীতৰ এটা মৌলিক ৰূপৰেখা সৃষ্টি কৰিবলৈ জড়িত হব পাৰে, যিটো সীসা শীট বুলি কোৱা হয়, যি নেকি সুৰ, গীত আৰু স্বৰসংগীতৰ অগ্ৰগতি নিৰ্ধাৰণ কৰে। শাস্ত্ৰীয় সংগীতত, সুৰকাৰ সাধাৰণত তেওঁৰ নিজস্ব ৰচনাবোৰ অৰ্কেষ্টেট নকৰে কিন্তু সংগীত থিয়েটাৰত আৰু পপ সংগীতত গীতিকাৰসকলে অৰ্কেষ্টচন কৰিবৰ বাবে যিকোনো এটা সজোৱা ভাড়াত লব পাৰে। কিছু ক্ষেত্ৰত, কোনো গীতিকাৰ চাগে স্বৰলিপিটো ব্যৱহাৰ নকৰে আৰু ইয়াৰ বিপৰীতত তেওঁৰ মনত গীতটো ৰচনা কৰে আৰু তাৰপিছত স্মৃতিৰ পৰা সেইটো বজায় বা ৰিক’ৰ্ড কৰিব পাৰে। জাজ আৰু জনপ্ৰিয় সংগীতত, প্ৰভাবশালী পাৰফৰ্মাৰসকলৰ দ্বাৰা উল্লেখযোগ্য ৰিক’ৰ্ডিংসমূহ মাপা দিয়া হয় যিটো লিখিত স্কোৰবোৰ শাস্ত্ৰীয় সংগীতত বজোৱা হয়। আনকি সংগীত যেনেকুৱা তুলনামূলকভাবে নিখুঁতভাবে চিহ্নিত কৰা হয়, যেনেঃ শাস্ত্ৰীয় সংগীতও আছে, এনে বহু সিদ্ধান্ত লোৱা হয় যি নেকি কোনো অভিনয়কাৰীৰ লব লগা হয়, কাৰণ স্বৰলিপি সংগীতৰ সকলো উপাদানক নিৰ্দিষ্টভাবে চিহ্নিত নকৰে। আগতে ৰচিত আৰু স্বৰলিপিযুক্ত সংগীত কেনেকৈ সম্পাদনা কৰিব সেই সিদ্ধান্ত লোৱাৰ প্ৰক্ৰিয়াটোক "ব্যাখ্যা" বুলি কোৱা হয়। সংগীতৰ একে কামৰ বিভিন্ন পাৰফৰ্মাৰসকলৰ ব্যাখ্যাবোৰ বাছনি কৰা টেম্প’ৰ ক্ষেত্ৰত আৰু সুৰ বজোৱা বা গোৱাৰ শৈলী বা ফ্ৰেডচিংৰ ক্ষেত্ৰত ব্যাপকভাবে পৰিৱৰ্তিত হব পাৰে। বেলেগৰ সংগীত পৰিৱেশনকাৰীসকলৰ নিচিনাই সুৰকাৰ আৰু গীতিকাৰ যিসকল নিজৰ সংগীত উপস্থাপন কৰে তেওঁলক তেওঁলকৰ গীতৰ সিমানখিনি ব্যাখ্যা কৰিছে। এটা নিৰ্দিষ্ট সময় আৰু এটা নিৰ্দিষ্ট স্থানত পছন্দ আৰু কৌশলসমূহৰ ষ্টাণ্ডাৰ্ড বডিটোক পাৰফৰ্মেঞ্চ অনুশীলন হিচাপে উল্লেখ কৰা হয়, যত ব্যাখ্যাটো সাধাৰণত এগৰাকী অভিনয়কাৰীৰ স্বতন্ত্ৰ পছন্দ বুজাবলৈ ব্যৱহৃত হয়। যদিও এটা সংগীত ৰচনাটো প্ৰায় সংগীত স্বৰলিপি ব্যৱহাৰ কৰে আৰু ইয়াৰ একক লেখক আছে, এইটো সদায় হৈ নাথাকে। সংগীতৰ এটা কাৰ্যক্ৰমত একাধিক সুৰকাৰ থাকিব পাৰে, যিবোৰ প্ৰায় জনপ্ৰিয় সংগীতত ঘটে যেতিয়া এখন বেণ্ড কোনো গীত ৰচনা কৰিবলৈ সহযোগিতা কৰে বা সংগীত প্ৰেক্ষাগৃহত, যেতিয়া কোনো ব্যক্তি সুৰ বজায়, এজন দ্বিতীয় ব্যক্তি গীতৰ কথা লিখে আৰু তৃতীয় ব্যক্তি গীতবোৰ অৰ্কেষ্টট কৰে। কিছু সংগীত শৈলীত, যেনে ব্লুজবোৰত, কোনো সুৰকাৰ/গীতিকাৰ নতুন গীত বা ট্ৰেক তৈয়াৰ বা সংগীত স্বৰলিখনৰ মাজত ৰচনা নকৰি তৈয়াৰ, সম্পাদনা আৰু ৰেকৰ্ড কৰিব পাৰে। সংগীতটোৰ এটা অংশ শব্দ, চিত্ৰ বা কম্পিউটাৰ প্ৰ’গ্ৰামবোৰৰ লগতো ৰচনা কৰিব পৰা যায় যা কণ্ঠশিল্পী বা সংগীতশিল্পীক কেনেকৈ বাদ্যযন্ত্ৰৰ শব্দ সৃষ্টি কৰিব লাগি সেয়া ব্যাখ্যা কৰে বা চিহ্নিত কৰে। উদাহৰণবোৰ এভেণ্ট-গাৰ্ড সংগীতৰ পৰা আৰম্ভ কৰি যি গ্ৰাফীক স্বৰলিপি ব্যৱহাৰ কৰে, আউচ ডেন ছিবেন টেগেনৰ নিচিনা পাঠ্য ৰচনাবোৰ, কম্পিউটাৰ প্ৰ’গ্ৰামবোৰত যি বাদ্যযন্ত্ৰৰ ট্ৰেকৰ বাবে শব্দ নিৰ্বাচন কৰে। সংগীতত যি খেলিমেলিকৈ আৰু সুযোগৰ ভৰ ব্যৱহাৰ কৰে তাক এলিঅ’টাৰিক সংগীত বুলি কোৱা হয় আৰু ২০ শতকত সমসাময়িক সুৰকাৰসকলৰ লগত যুক্ত আছিল যেনে জন কেজ, মৰ্টন ফেল্ডমেন আৰু উইটল্ড লুটোছোয়াস্কিৰ নিচিনা। সুযোগ-ভিত্তিক সংগীতৰ আৰু এটা সাধাৰণ উদাহৰণ হ'ল বতাহৰ শিখৰ শব্দবোৰ বতাহৰ জোকাৰণীৰ শব্দ। পশ্চিমা শাস্ত্ৰীয় সংগীতৰ পদ্ধতি তথা অনুশীলন পৰীক্ষা কৰি ৰচনাৰ অধ্যয়নটো ঐতিহ্যগতভাবে প্ৰধান্য লাভ কৰিছে কিন্তু জনপ্ৰিয় সংগীত আৰু ঐতিহ্যবাহী সংগীত আৰু যন্ত্ৰৰ ট্ৰেকৰ লগতে স্বতঃস্ফূৰ্তভাবে অসম্পূৰ্ণ ৰচনাবোৰ যেনে ৰচনাবোৰৰ অন্তৰ্ভুক্ত কৰিবৰ বাবে ৰচনাটোৰ সংজ্ঞা যথেষ্ট বিস্তৃত ফ্ৰি জাজ পাৰফৰ্মাৰ আৰু আফ্ৰিকান পাচিউশ্বনবাদী যেনে ইও ড্ৰামাৰ। স্বৰলিপি ২০০০-ৰ দশকত, সংগীত স্বৰলিপিটোৰ অৰ্থ সাধাৰণত প্ৰতীক ব্যৱহাৰ কৰি কাগজত সংগীত নোট আৰু তালৰ লিখিত অভিব্যক্তি। সংগীত যেতিয়া লিখি থাকে, তেতিয়া সুৰৰ নোটবোৰৰ নিচিনা সংগীতৰ পিচবোৰ আৰু তালবোৰ চিহ্নিত কৰা হয়। সংগীত স্বৰলিপিটো কেনেকৈ সংগীত সম্পাদনা কৰিব লগা হয় সেই সম্পৰ্কত প্ৰায় নিৰ্দেশনা সৰবৰাহ কৰে। উদাহৰণস্বৰূপ, কোনো গীতৰ শীট সংগীত বুলিব পাৰে যি গীতটো এটা "ধীৰ ব্লুজ" বা "দ্ৰুত ছুইং", যিটো টেম্পো আৰু জেনাৰকে নিৰ্দেশ কৰে। সংগীত স্বৰলিপি পঢ়িবলৈ, কোনো ব্যক্তিৰ নিশ্চয় এটা নিৰ্দিষ্ট গীত বা ট্ৰেক জেনাৰ লগত সংগীত তত্ত্ব, সম্প্ৰীতি আৰু পাৰফৰ্মেঞ্চ অনুশীলন সম্পৰ্কত বুজ থাকিব লাগিব। লিখিত স্বৰলিপি শৈলী আৰু সংগীত সময়কালৰ লগত পৰিবৰ্তিত হয়। ২০০০-ৰ দশকত, স্বৰলিপি সংগীতটো শীট সংগীত হিচাপে বা কম্পিউটাৰ স্কোৰ ৰাইটাৰ প্ৰ’গ্ৰামযুক্ত ব্যক্তিসকলৰ বাবে কম্পিউটাৰ স্ক্ৰিনত এটা চিত্ৰ হিচাপে উত্পাদিত হয়। প্ৰাচীনকালত, শিল বা মাটিৰ টেবলেটসমূহত সংগীত সংকেত লগোৱা হৈছিল। স্বৰলিপিৰ পৰা সংগীত পৰিৱেশন কৰিবলৈ, এজন গায়ক বা বাদ্যযন্ত্ৰৰ বাবে প্ৰতীকবোৰত সংযুক্ত ছন্দীয় আৰু পিচ উপাদানবোৰ বুজা প্ৰয়োজন আৰু সংগীত বা এটা ঘৰানাৰ লগত পাৰফৰ্মেঞ্চ অনুশীলন জড়িত। সংগীত সংস্কাৰৰ প্ৰয়োজনীয় শৈলীত, অভিনয়শিল্পীসকলে প্ৰায় সংগীতৰ পৰা বজায় য’ত কেৱল সুৰৰ পৰিবৰ্তন আৰু গীতৰ ৰচনা কৰা হয়, সংগীতটোৰ গঠন, সম্প্ৰীতি আৰু এটা নিৰ্দিষ্ট ঘৰানাৰা শৈলীবোৰৰ (যেনেঃ, জাজ বা দেশীয় সংগীত) সম্পৰ্কত দুৰ্দান্ত উপলব্ধি কৰিবলৈ পাৰফৰ্মাৰৰ প্ৰয়োজন হয়। পাশ্চাত্য শিল্প সংগীতত, লিখিত স্বৰলিপিবিলাকৰ সৰ্বাধিক সাধাৰণ স্কোৰবোৰ হ'ল স্কোৰসমূহ, যি নেকি এটা সংগীত অংশৰ সকলো সংগীত অংশ আৰু অংশবোৰ অন্তৰ্ভুক্ত কৰে, যিটো পৃথক অভিনয় বা গায়কসকলৰ বাবে সংগীত স্বৰলিপি। জনপ্ৰয় সংগীত, জাজ আৰু ব্লুজবোৰত, ষ্টাণ্ডাৰ্ড মিউজিকাল স্বৰলিপিটো হ'ল লিড শীট, যিটো সুৰ, কৰ্ডচ, গীতৰ কথা (যদি এইটো ভোকাল টুকুৰা হয়) আৰু সংগীতৰ গঠনক চিহ্নিত কৰে। জাজত নকল কিতাপও ব্যৱহৃত হয়; এইবোৰত সীসা শিট বা সহজভাবে জ্যা চাৰ্ট থাকিব পাৰে, যিটো ছন্দ বিভাগৰ সদস্যসকলৰ জাজ গীতত সংগতিপূৰ্ণ অংশটো তৈয়াৰ কৰাৰ অনুমতি দিয়ে। স্কোৰ আৰু অংশবোৰ জনপ্ৰিয় সংগীত আৰু জাজত ব্যৱহৃত হয়, বিশেষকৈ জাজৰ নিচিনা "ডাঙৰ বেণ্ডবোৰ"। জনপ্ৰিয় সংগীতত, গিটাৰিষ্ট আৰু বৈদ্যুতিন খাদ প্লেয়াৰবোৰ প্ৰায় টেবলেটৰ নোট কৰা সংগীত পঢ়ে (প্ৰায় "টেব" হিচাপে সংক্ষিপিত হয়), যিটো গিটাৰ বা বাঁহৰ ফিংগাৰবোৰ্ডৰ ডায়াগ্ৰাম ব্যৱহাৰ কৰি উপকৰণত বজোৱা নোটবোৰৰ অৱস্থান নিৰ্দেশ কৰে। বাৰবুক যুগত লাবণ্য, এটা ষ্ট্ৰিংড, ফাটি যোৱা উপকৰণৰ বাবে সংগীত চিহ্নিত কৰিবৰ বাবেও টেবলেটচাৰ ব্যৱহাৰ কৰা হৈছিল। তৎক্ষণিক ৰচনা বাদ্যযন্ত্ৰ ইম্প্ৰ’ভাইজেচন হ'ল স্বতঃস্ফূৰ্ত সংগীতৰ সৃষ্টি, (বা ইয়াৰ ওপৰতো ভিত্তি কৰে) প্ৰায় এটা বিদ্যমান সুৱলা গঠন বা জ্যাৰ অগ্ৰগতিৰ মাজত। ইম্প্ৰ’ভাইজাৰসকলে জ্যাডৰ নোটবোৰ ব্যৱহাৰ কৰে, প্ৰতিটো স্কেলৰ লগত সম্পৰ্কিত বিভিন্ন স্কেল আৰু ক্ৰ’মেটিক অলঙ্কাৰ আৰু পাচিং টোনবোৰ যিটো জোৰৰ লগত সম্পৰ্কিত টিপিকেল স্কেলবোৰ না হব পাৰে না জোৰ টোন হব পাৰে। কোনো গীতৰ ইমোৰোভিজত বা প্ৰস্তুতি নুহোৱাকৈ কৰিব পৰা যায়। ইম্প্ৰ’ভাইজেচন হ'ল কিছু ধৰণৰ সংগীতৰ প্ৰধান অংশ, যেনে ব্লুজ, জাজ আৰু জাজ ফিউচন, য’ত যন্ত্ৰৰ অভিনয়বোৰ একক, মেলোডি লাইন আৰু সংগীতৰ অংশবোৰক উন্নত কৰে। পাশ্চাত্য শিল্প সংগীত ঐতিহ্যত, বাৰোক যুগত আৰু শাস্ত্ৰীয় যুগত ইম্প্ৰ’ভিজেচন এটা গুৰুত্বপূৰ্ণ দক্ষতা আছিল। বাৰোক যুগত, পাৰফৰ্মাৰবোৰৰ অলঙ্কাৰ আৰু ঘাত ক্ৰমাগত কী-বোৰ্ড প্লেয়াৰবোৰ চিত্ৰিত ঘাত নোটেচনৰ ওপৰত ভিত্তি কৰি কৰ্ড ভয়েচিংবোৰ তৈয়াৰ কৰে। লগতে শীৰ্ষস্থানীয় অকলশৰীয়া ব্যক্তিসকলে প্ৰিলোডৰ নিচিনা সুৰ দিবলৈ সক্ষম হব বুলি আশা কৰা হৈছিল। শাস্ত্ৰীয় যুগত, একক অভিনেতা আৰু গায়কসকলে কনচাৰ্ট চলি থকা সময়ত ভাৰ্চুঅ’ছো কেডেনজাচক উন্নত কৰিছিল। কিন্তু, ২০ শতক আৰু ২১ শতকৰ প্ৰথমচোৱাত, "প্ৰচলিত অনুশীলন" হিচাপে পশ্চিমা শিল্পৰ সংগীত পৰিৱেশনা চিম্ফণি অৰ্কেষ্ট্ৰা, অপেৰা হাউচ আৰু বেণ্ডসমূহ প্ৰতিষ্ঠানিকভাবে পৰিণতহোৱাৰ বাবে, ৰেখন সৰু ভূমিকা পালন বাবে সংগীতজ্ঞসকলৰ অধিক বেছি সংখ্যক সংগীত চিহ্নিত আৰু অংশ হিচাপে স্বীকৃতি লাভ কৰিছিল। সেই সময়তে, ২০ শতকৰ আৰু ২১ শতাব্দীৰ শিল্প সংগীত ৰচয়িতা ক্ৰমবৰ্শমানভাবে তেওঁলকৰ সৃজনশীল কামৰ মাজত উন্নতি অন্তৰ্ভুক্ত কৰিছে। ভাৰতীয় শাস্ত্ৰীয় সংগীতত, ইম্প্ৰ’ভিজেচন এটা মূল উপাদান আৰু পাৰফৰ্মেঞ্চসকলৰ প্ৰয়োজনীয় মানদণ্ড। তত্ত্ব সংগীত তত্ত্ব গীতৰ প্ৰকৃতি আৰু যান্ত্ৰিকতাক অন্তৰ্ভুক্ত কৰে। এইটো প্ৰায় নিদৰ্শনবোৰ চিনাক্ত কৰে যিটো সুৰকাৰসকলৰ কৌশল পৰিচালনা কৰে আৰু সংগীতটোৰ ভাষা আৰু স্বৰলিপি পৰীক্ষা কৰে। এখন দুৰ্দান্ত অৰ্থত, সংগীত তত্ত্ব সংগীতৰ পেৰামিটাৰ বা উপাদানবোৰ বিস্তাৰ কৰি দিয়া আৰু বিশ্লেষণ কৰা তাল, সম্প্ৰীতি (ঐক্যন ফাংচন), সুৰ, গঠন, ফৰ্ম আৰু টেক্সচাৰ। প্ৰকাশ্যত, সংগীত তত্ত্ব কোনো বিবৃতি, বিশ্বাস, বা সংগীত সম্পৰ্কৰ ধাৰণাৰ অন্তৰ্ভুক্ত থাকিব পাৰে। এই বৈশিষ্ট্যবোৰ অধ্যয়নৰত লোকসকলে সংগীত তাত্ত্বিক হিচাপে পৰিচিত আৰু তেওঁলোক সাধাৰণতে কলেজ, বিশ্ববিদ্যালয় আৰু সংগীত সংৰক্ষণাগাৰসমূহত অধ্যাপক হিচাপে কাম কৰে। কিছু সংগীত কেনেকৈ আৰু কিয় অনুধাৱন কৰা হয় তাৰ ব্যাখ্যাত শাব্দিকতা, মানৱ পদাৰ্থবিজ্ঞান আৰু মনোবিজ্ঞান প্ৰয়োগ কৰিছে। সংগীত তাত্ত্বিসকলে তেওঁলোকৰ গৱেষণা সংগীত তত্ত্ব জাৰ্নাল আৰু বিশ্ববিদ্যালয় প্ৰেছ কিতাপত প্ৰকাশ কৰিছে। উপাদানসমূহ সংগীতত বহুবোৰ বিভিন্ন মৌলিক উপাদান বা উপাদান আছে। "উপাদান" ব্যৰহৃত হৈছে ইয়াৰ সংজ্ঞা অনুসৰি, ইয়াৰ মাজত অন্তৰ্ভুক্ত থাকিব পাৰে যেনে: পিচ, বীট, টেম্পো, ছন্দ, সুৰ, ঐক্যন, ফৰ্ম, শৈলী, কণ্ঠস্বৰ, সুৰ বা ৰং, গতিবিদ্যা, প্ৰকাশ, বক্তব্য, ফৰ্ম আৰু গঠন। অষ্ট্ৰেলীয়া, যুক্তৰাজ্য আৰু আমেৰিকাৰ সংগীতৰ পাঠ্যক্ৰমবোৰত সংগীতৰ বৈশিষ্ট্যবোৰ বিশিষ্টভাবে দিয়া আছে। তিনিটা পাঠ্যক্ৰমতেই পিচ, গতিবিদ্যা, সুৰ আৰু গঠনক উপাদান হিচাপে চিহ্নিত কৰে, কিন্তু সংগীতৰ অন্যান্য চিহ্নিত উপাদানবোৰ সৰ্বজনীনভাবে সম্মত নহয়। তলত "সংগীতৰ উপাদানবোৰ"ৰ তিনিটা অফিচিয়াল সংস্কৰণৰ তালিকা দিয়া আছে: অষ্ট্ৰেলীয়া: পিচ, সুৰ, গঠনবিন্যাস, গতিবিদ্যা আৰু অভিব্যক্তি, ছন্দ, ফৰ্ম আৰু গঠন। যুক্তৰাজ্য: পিচ, সুৰ, গঠনবিন্যাস, গতিবিদ্যা, সময়কাল, টেম্পো, গঠন। আমেৰিকা যুক্তৰাষ্ট্ৰ: পিচ, গঠনবিন্যাস, সুৰ, গতিবিদ্যা, ছন্দ, ফৰ্ম, সম্প্ৰীতি, শৈলী/কথা। যুক্তৰাজ্যৰ পাঠ্যক্ৰমৰ লগত সম্পৰ্কিত, ২০১৩ চনত এই শব্দটো: তেওঁলোকৰ উপযুক্ত তালিকাৰ লগত "যথাযথ সংগীত সম্পৰ্কিত স্বৰলিপিবোৰ" যুক্ত কৰা হৈছিল আৰু তালিকাৰ শিৰোনামটো "সংগীতৰ উপাদানসমূহ"-ৰ পৰা "সংগীতৰ অন্ত-সম্পৰ্কিত মাত্ৰা" হিচাপে পৰিবৰ্তন কৰা হৈছিল। সংগীতৰ অন্ত-সম্পৰ্কিত মাত্ৰাবোৰ তালিকাভুক্ত কৰা হৈছে: পিচ, সময়কাল, গতিবিদ্যা, টেম্পো, টিম্বব্ৰে, সুৰ, গঠন আৰু উপযুক্ত সংগীত সম্পৰ্কিত স্বৰলিপি। "সংগীতৰ উপাদানবোৰ" শব্দমালাটো বিভিন্ন প্ৰসংগত ব্যৱহৃত হয়। দুটা অতি সাধাৰণ প্ৰসংগক "সংগীতৰ প্ৰাথমিক উপাদান" আৰু "সংগীতৰ ধাৰণাৰ উপাদান" হিচাপে বৰ্ণনা কৰি বেলেগ কৰিব পৰা যায়। মূল উপাদান ১৮০০ ৰ দশকত, "সংগীতৰ উপাদানবোৰ" আৰু "সংগীতৰ উদাসীনতা" শব্দমালাটো আন্তঃব্যৱহাৰযোগ্যভাবে ব্যৱহৃত হৈছিল। এই দলিলসমূহত বৰ্ণিত উপাদানবোৰ সংগীতজ্ঞ হোৱাৰ বাবে প্ৰয়োজনীয় সংগীতৰ দিশসমূহ বুজায়, এস্পি এষ্ট্ৰেলিৰ নিচিনা সাম্প্ৰতিক লেখকসকলে "সংগীতৰ উপাদানবোৰ" শব্দটো একেধৰণে ব্যৱহাৰ কৰিছে বুলি ধৰি লোৱা হয়। এটা সংজ্ঞা যিটো এই ব্যৱহাৰটো আটাইতকৈ নিৰ্ভুলভাবে প্ৰতিবিম্বিত কৰে: সেয়া হ'ল "এটা শিল্প, বিজ্ঞান ইত্যাদিৰ মূল নীতিবোৰ: ব্যাকৰণৰ উপাদানবোৰ। যুক্তৰাজ্যৰ পাঠ্যক্ৰমটো "সংগীতৰ আন্তঃসম্পৰ্কিত মাত্ৰাবোৰত" ছুইচ কৰা সংগীতৰ প্ৰাথমিক উপাদানবোৰ ব্যৱহাৰ কৰি অভতি যোৱাৰ পদক্ষেপ বুলি ধৰি লোৱা হয়। ধাৰণা উপাদান ১৯৩০-ৰ দশকত চাইকো-কৌষ্টিকচৰ অধ্যয়নত উত্থানৰ পিছৰ পৰা সংগীতৰ উপাদানবোৰ বেছিভাগ তালিকাবোৰ কেনেকৈ আমি গীত বজাব পাৰি বা এইটো অধ্যয়ন কৰিবলৈ শিকিব তাতকৈ অধিক বেছি সম্পৰ্কিত চি.ই. চেশোৰ, তেওঁৰ মনস্তত্ত্বৰ সংগীত কিতাপত, চাৰিটা "শব্দটোৰ মনস্তাত্ত্বিক গুণাবলী" চিহ্নিত কৰিছিল। এইবোৰ আছিল: "পিচ, ডাঙৰকৈ, সময় আৰু গঠন" (পৃষ্ঠা ৩)। তেখেত তেওঁলকৰ "সংগীতৰ উপাদান" হিচাপে অভিহিত কৰা নাই কিন্তু তেওঁলকৰ "মৌলিক উপাদান" হিচাপে উল্লেখ কৰিছে (পৃষ্ঠা ২)। তথাপি এই মৌলিক উপাদানবোৰ চাৰিটা প্ৰচলিত সাধাৰণ বাদ্যযন্ত্ৰৰ লগত অবিকল সংযোগ দিয়ে: "পিচ" আৰু "গঠন" পূৰা-পূৰি মিল, গতিশীলতাৰ লগত "ডাঙৰকৈ" সংযোগ আৰু তাল, সময়কাল আৰু টেম্পোৰ সময় ভিত্তিক উপাদানবোৰৰ লগত "সময়" সংযোগবোৰ। "সংগীতৰ উপাদানবোৰ" শব্দটোৰ এই ব্যৱহাৰ ৱেবচাইটৰ নতুন ২০ শতকৰ অভিধানৰ সংজ্ঞাটোৰ লগত আৰু অধিক ঘনিষ্ঠভাবে সংযোগ কৰিছে: "এনে এটা পদাৰ্থ যি জ্ঞাত পদ্ধতিত এটা সহজ আকাৰত বিভক্ত কৰা নাযায়" আৰু এই সংজ্ঞাৰ লগতে শিক্ষাপ্ৰতিষ্ঠানৰ উপাদানবোৰৰ তালিকা সাধাৰণত শাৰীবদ্ধ হয়। যদিও "সংগীতৰ প্ৰাথমিক উপাদানবোৰ" তালিকাৰ লেখকসকলে তেওঁলকৰ ব্যক্তিগত (বা প্ৰাতিষ্ঠানিক) অগ্ৰাধিকাৰৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলকৰ তালিকাবোৰ পৰিবৰ্তিত কৰিব পাৰে কিন্তু সংগীতৰ ধাৰণাগত উপাদানবোৰ পৃথক পৃথক উপাদানবোৰৰ এটা প্ৰতিষ্ঠিত (বা প্ৰমাণিত) তালিকা থকা উচিত যি নেকি অৰ্জনৰ বাবে স্বাধীনভাবে মেনিপুলেটেড হব পাৰে এটা সংগীত প্ৰভাবৰ উদ্দেশ্যত। এই পৰ্যায় চাই বোধ হয় এই বিষয়ত এতিয়াও গবেষণা কৰা দৰকাৰ। শৈলীৰ বিশ্লেষণ সংগীতৰ কিছু শৈলী এইবোৰৰ কিছুমান মৌলিক বিষয়ৰ ওপৰত জোৰ দিয়ে, আকৌ বেলেগে নিৰ্দিষ্ট উপাদানবোৰত কম জোৰ দিয়ে। উদাহৰণস্বৰূপ, বেবোপ-যুগৰ জাজ পৰিৱৰ্তিত প্ৰভাবশালী আৰু প্ৰত্যাহ্বান জেড অগ্ৰগতি সহ অত্যন্ত কঠিন কৰ্ডবোৰ ব্যৱহাৰ কৰি, দণ্ডবোৰত বাৰ বা দুবাৰ বেছি বাৰ আৰু কীবোৰ একাধিকবাৰ পৰিৱৰ্তিত কৰে, বেছিভাগ সম্পূৰ্ণ গীতত জোৰ তাৰ জোৰক ৰাখি ছন্দ আৰু খাঁজ, একক কৰ্ড ভেম্পৰ চাৰিওফালে ভিত্তি কৰে। ১৮০০ দশকৰ মাজলৈকে ৰোমাণ্টিক যুগৰ শাস্ত্ৰীয় সঙ্গীত গতিবিধিৰ নাটকীয় পৰিবৰ্তনবোৰ ব্যৱহাৰ কৰে, ফুচ-ফুচ কৰি পিঅ’নিচিমো বিভাগৰ পৰা বজ্ৰধ্বনিপূৰ্ণ ফোৰ্টিচিমো বিভাগবোৰত, ১৭০০ দশকৰ আগফালৰ পৰা হাৰ্পচাইকৰ্ডৰ বাবে কিছু সম্পূৰ্ণ বাৰোক নৃত্য চ্যুট একক গতিশীল ব্যৱহাৰ কৰিছিল। আৰু এটা উদাহৰণ দিবৰ বাবে, কিছু আৰ্ট মিউজিকৰ ট্ৰেক যেনে চিম্ফণিবোৰ বৰ দীৰ্ঘ, কিন্তু কিছু পপ সংগীত মাত্ৰ কেই মিনিট দীৰ্ঘ। উপাদানবোৰৰ বিৱৰণ পিচ আৰু সুৰ পিচ হ'ল শব্দৰ এটা দিশ যি আমি শুনি পাও, এইটো এটা মিউজিকেল শব্দ, নোট বা সুৰ বেলেগ বাদ্যযন্ত্ৰৰ শব্দ, নোট বা সুৰতকৈ "উচ্চ" বা "নিম্ন" হয়নে নহয় সেয়া প্ৰতিফলিত কৰে। আমি অধিক সাধাৰণ অৰ্থত পিচৰ উচ্চতা বা স্বল্পতা সম্পৰ্কত আলোচনা কৰিব পাৰি, যেনে শ্ৰোতা যেনেকৈ তীব্ৰ উচ্চ পিক্কোলো নোট শুনিব পায় বা বেচ ড্ৰামৰ গভীৰ চাপৰিতকৈ পিচটোত উচ্চস্বৰত হুইছেলিংৰ সুৰটো উচ্চাৰণ কৰে। আমি বাদ্যযন্ত্ৰবোৰ, বেচলাইনবোৰ আৰু জীবাণুবোৰৰ লগত সম্পৰ্কিত নিৰ্ভুল অৰ্থত পিচ সম্পৰ্কৰ কথা কও। সুনিৰ্দষ্ট পিচ কেৱলমাত্ৰ শব্দবোৰত নিৰ্ধাৰণ কৰিব পাৰে যাৰ এটা ফ্ৰিকোয়েঞ্চি আছে যি নেকি শব্দতকৈ পৃথক কৰাবলৈ যথেষ্ট স্পষ্ট আৰু স্থিতিশীল। উদাহৰণস্বৰূপ, দৰ্শকসকলৰ পক্ষত পিয়ানত বজোৱা একক নোটৰ পিচটো সনাক্ত কৰা অতি সহজ, যিটো আঘাত হ'ল ক্ৰাচ ছিম্বলৰ পিচটো সনাক্ত কৰাৰ চেষ্টা কৰা। তথ্য উৎস্য অধিক পঢ়ক (1977). ব্যহ্যিক সংযোগ 13- গীত
74657
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A6%BF%E0%A6%82%E0%A6%AB%E0%A7%8C%20%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE
চিংফৌ ভাষা
চিংফৌ ভাষা হৈছে চিংফৌ জনগোষ্ঠীৰ কথিত ভাষা। ভাৰতবৰ্ষৰ উত্তৰ-পূব অঞ্চলত অৱস্থিত অৰুণাচল প্ৰদেশ আৰু অসমৰ উজনি অংশত চিংফৌসকলৰ বসবাস পোৱা যায়। অৰুণাচল প্ৰদেশৰ চাংলাং আৰু লোহিত জিলাত আৰু অসমৰ মাৰ্ঘেৰিটা অঞ্চলত বসবাস কৰা চিংফৌসকল বৌদ্ধ ধৰ্মী। অৰুণাচল প্ৰদেশত একুৰি চাৰিখন গাঁৱত চিংফৌসকল বসবাস কৰে। ১৯১৭চনৰ লোকপিয়ল অনুসৰি অৰুণাচল প্ৰদেশত চিংফৌ জনগোষ্ঠীৰ জনসংখ্যা হ'ল ১৫৬৭জন, তাৰে ৭৭৬জন পুৰুষ আৰু ৭৯১গৰাকী তিৰোতা। অৰুণাচল প্ৰদেশৰ গাওঁ কেইখনমান হ'ল- বৰডোম্চা, সৰুডোম্চা, গজু, খেৰেম্, ইম্বু, ৱাখেতনা, মুদই, আশাও, ডুম্ব, গগম্, ফুপ্, লেৱাং, খমুক, বিছি, মিয়াও, নামফাই, চিকাও, নিংৰাং, গিলঞ্জা ইত্যাদি। উল্লেখযোগ্য যে উক্ত চিংফৌ গাৱঁৰ নামবোৰৰ সৰহভাগেই চিংফৌ সকলৰ বংশৰ নামৰ পৰা হোৱা। অসমৰ ভিতৰত তিনিচুকীয়া জিলাত থকা গাওঁ কেইখনমানৰ নাম হ'ল- মুগং, ইনথেম, উলুপ, দুৱামৰা, বাঁহবাৰী, লং, দিবং, পাণবাৰী, ভিতৰপাৱৈ ইত্যাদি। বৈশিষ্ট্যসমূহ চিংফৌসকলৰ নিজা এটা ভাষা আছে আৰু এই ভাষাটো চীন- তিববতীয় পৰিয়ালৰ অন্তৰ্গত তিব্বত-বৰ্মী শাখাৰ ভাষা। তিব্বত-বৰ্মীশাখাৰ ভাষাক চাৰিটা ভাগত ভাগ কৰা হৈছে- তিব্বত- হিমালয়ী, উত্তৰ- অসম শাখা, মধ্য আৰু দক্ষিণ অসম শাখা আৰু আৰকান-বাৰ্মা শাখা। চিংফৌ ভাষা মধ্য আৰু দক্ষিণ অসম শাখাৰ অন্তৰ্গত এটি ভাষা। এই ভাষাৰ লগত ব্ৰহ্মদেশৰ অৰ্থাৎ ম্যানমাৰৰ কাছিন ভাষাৰ হুবহু মিল আছে। চিংফৌ ভাষাত সাতোটা স্বৰধ্বনি আৰু কুৰিটা ব্যঞ্জনধ্বনি পোৱা যায়। চিংফৌ ভাষাত ঘোষ মহাপ্ৰান ধ্বনিৰ অভাৱ উল্লেখযোগ্য। চিংফৌ ভাষাৰ ব্যক্তিবোধক সৰ্বনামৰ কোনো সন্মানসূচক অথবা তুচ্ছাৰ্থক ৰূপ পোৱা নাযায়। নঞৰ্থক ৰূপ দিবৰ কাৰণে ক্ৰিয়াৰ আগত ন্- পত্যয় হয়। চিংফৌ ভাষাৰ সংখ্যাবাচক শব্দবিলাক টুৰুং ভাষাৰ সৈতে একেই। ইতিহাস আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত হোৱা মোৱমৰীয়া বিদ্ৰোহৰ সময়ত ১৭৯৩ খ্ৰীষ্টাব্দত চিংফৌ সকলক এই অঞ্চলত দেখা যায় বুলি ডেল্টনে ক'ব বিচাৰে। 'চিংফৌ' শব্দটোৰ তেওঁলোকৰ ভাষাত অৰ্থ হল 'মানু্হ'। 'নাত্' অৰ্থাৎ বিভিন্ন ভূত-প্ৰেতৰ বিশ্বাস কৰিলেও চিংফৌসকল ধৰ্মীয়ভাৱে বৌদ্ধ ধৰ্মত বিশ্বাসী। তেওঁলোকৰ মাজত বৌদ্ধ ধৰ্মৰ প্ৰচলন আজিৰপৰা খুব বেছি এশ বছৰমান আগৰপৰাহে হ'বলৈ ধৰে। তেওঁলোকৰ মতে তিংলাং লা চ্ৰাতু নামৰে এজন বৌদ্ধ সন্ন্যাসী ব্ৰহ্মদেশৰ হুকুং উপত্যকাৰপৰা এশ বছৰমান আগতে নামি আহিছিল আৰু তেওঁক পিঠিত বোকোচা কৰি মানুহে লৈ আহিছিল। চিংফৌসকলক বৌদ্ধ ধৰ্মৰ নিয়ম-নীতি, আচাৰ-ব্যৱহাৰবিলাকৰ জ্ঞান সেই তিংলা লা চ্ৰাতু নামৰ বৌদ্ধ সন্ন্যাসীজনে দিছিল। চিংফৌ গাঁও বিলাক ভ্ৰমণ কৰাৰ পাছত তেওঁ কামৰূপ জিলালৈ যায় আৰু গুৱাহাটীত এজন ব্ৰিটিছ বিষয়াক লগ পায়। মাংস খোৱা আৰু মদ্যপানত অভ্যস্ত ব্ৰিটিছ বিষয়াজনে তিংলা লা চ্ৰাতু নামৰ সন্ন্যাসীজনক মাংস আৰু মদ্যপানৰ বাবে আমন্ত্ৰণ জনোৱাত তেওঁ প্ৰত্যাখ্যান কৰিছিল আৰু তেতিয়াই ব্ৰিটিছ বিষয়াজনে জানিব পাৰিছিল যে তেওঁ এজন ধাৰ্মিক মানু্হ। তাৰ পাছত তিংলা লা চ্ৰাতু গুৱাহাটীৰপৰা বুদ্ধগয়ালৈ যায় আৰু বহু ঠাই ভ্ৰমণ পাছত তেওঁ পুনৰ মাৰ্ঘেৰিটালৈ ঘূৰি আহে আৰু এখন ফাকে গাঁৱত চামোকচিং নামৰ এটা বৌদ্ধ মন্দিৰ নিৰ্মাণ কৰে। ইয়াৰ পাছতে তেওঁ দোৱনীয়া সকলক বৌদ্ধ ধৰ্মত দীক্ষিত কৰে। তেওঁই চিংফৌসকলক প্ৰতি গাঁৱতে বৌদ্ধ মন্দিৰ নিৰ্মাণ কৰি বৌদ্ধ ভিক্ষু ৰাখিবলৈ পৰামৰ্শ দিয়ে আৰু তেতিয়াৰেপৰাই প্ৰতি ঘৰৰে এটা চুকত বৌদ্ধ মূৰ্তি ৰখাটো নিয়ম হৈ পৰে। তেতিয়াৰপৰাই 'চুম্তান্ চ্ৰা' চিংফৌ সকলৰ ঘৰৰ এটি অংগ হৈ পৰে। এই 'চুম্তান্ চ্ৰা' হ'ল বুদ্ধ মূৰ্তি ৰখা আৰু পূজা কৰা ঠাই। উৎসৱ চিংফৌ সকলে ব'হাগ মাহত (ইংৰাজী এপ্ৰিল মাহ) 'চাং কেন' উৎসৱ পাতে আৰু তাৰ পৰাই নতুন বছৰ আৰম্ভ হয়। এই পূৰ্ণিমাৰপৰা আনটো পূৰ্ণিমালৈকে এটা চান্দ্ৰ মাহ হিচাপে ধৰি বাৰমাহে এটা বছৰ হিচাপ কৰে। ব'হাগ মাহক বছৰটোৰ প্ৰথম মাহ হিচাপে ধৰি বাৰটা মাহৰ নাম এইদৰে হিচাপ কৰে- ৰাতা (ব'হাগ), ৱত্তত্তা (জেঠ), চলাতা (আহাৰ), চিখুম্ তাৰ (শাওণ), চিঙাম্ তাৰ (ভাদ), চিম্ৰি তাৰ (আহিন), গুপ্চ তা (কাতি), গুপ্তং তাৰ (আঘোণ), ক্লা তা (পুহ), মিচিং তা (মাঘ), মুকা তাৰ (ফাগুন), আৰু খু তা (চ'ত)। উল্লিখিত 'চাং কেন' উৎসৱ তেওঁলোকৰ সামাজিক উৎসৱ। আন জনগোষ্ঠীৰ দৰে চিংফৌসকলৰ মাজত একাধিক সামাজিক উৎসৱ দেখা নাযায়। 'চপং য়ং চপং য়ং মানাও পয়' নামৰ চিংফৌ জাতীয় উৎসৱ এটা দেখা যায়। আজিকালি এই উৎসৱ ফ্ৰেব্ৰুৱাৰী মাহৰ ১৪তাৰিখে পতা হয়। সচৰাচৰ এই উৎসৱ তিনিদিনীয়াকৈ পতা হয়। ইয়াত থংকামানাউ, চ্ছু মানাহ, কুম্ৰামানাউ আদিচিংফৌ নৃত্য পৰিৱেশন আৰু প্ৰদশৰ্ন কৰা হয়। তথ্যসূত্ৰ ভাৰতৰ
73007
https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%8D%E0%A6%AF%20%E0%A6%8F%E0%A6%95%20%E0%A6%AE%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%AF%E0%A6%A4%E0%A7%8D%E0%A6%AC%20%28%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A6%A8%E0%A7%8D%E0%A6%A5%29
লক্ষ্য এক মনুষ্যত্ব (গ্ৰন্থ)
লক্ষ্য এক মনুষ্যত্ব হৈছে অসমীয়া ৰসায়নবিদ, লেখিকা, অধ্যাপিকা ড০ নিৰ্মলা দেৱীৰ দ্বিতীয়খন গ্ৰন্থ। এইখন এখন প্ৰৱন্ধ সংকলন। কিতাপখনৰ মুখবন্ধ লিখিছে হোমেন বৰগোহাঞিয়ে। আৰম্ভণিত হোমেন বৰগোহাঞিয়ে এনেদৰে লিখিছে,"নিৰ্মলা দেৱীৰ এইখন দ্বিতীয় কিতাপ। প্ৰথমখন কিতাপ পঢ়ি থাকোঁতে মোৰ মনলৈ এনে এটা ভাব আহিছিল যে অসমীয়া ভাষাত ই এখন অদ্বিতীয় কিতাপ; অৰ্থাৎ এনে কিতাপ দ্বিতীয় এখন নাই। তেওঁৰ দ্বিতীয়খন কিতাপে প্ৰথমখন কিতাপৰ অদ্বিতীয়ত্বৰ গৌৰৱ নোহোৱা কৰিলে। কিন্তু নিৰ্মলা দেৱীৰ নামটোৰ লগত এই গৌৰৱ জড়িত হৈ থাকিল যে মনুষ্যত্বৰ বিকাশৰ ক্ষেত্ৰত সহায়ক হ'ব পৰা এনেধৰণৰ মহৎ ভাবোদ্দীপক ৰচনাৰ ক্ষেত্ৰত নিৰ্মলা দেৱী অদ্বিতীয়।" তেখেতৰ ভাষাত, এইখন আত্মোৎকৰ্ষৰ সাধনা কৰিব বিচৰা মানুহক কামৰ উপযোগী মহৎ চিন্তাৰ যোগান ধৰা, মানুহৰ ব্যক্তিত্বৰ সুষম আৰু সৰ্বাংগীণ বিকাশত সহায় কৰা এখন গ্ৰন্থ। ২০২১ চনৰ জানুৱাৰী মাহত পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ মুঠ পৃষ্ঠা ২১৩ আৰু মূল্য ২২০ টকা। লেখিকা নিৰ্মলা দেৱীয়ে গ্ৰন্থখন তেওঁৰ গুৰুসকললৈ উছৰ্গা কৰি এনেদৰে লিখিছে, "যাৰ সান্নিধ্যই এই যাত্ৰাপথত অন্তহীন প্ৰেৰণা যোগাই আহিছে ,সেইসকল, মোৰ সকলো গুৰুৰ নামত গ্ৰন্থখনি উছৰ্গা কৰিলোঁ।" বিৱৰণ কিতাপখন লিখাৰ উদ্দেশ্য বেকত কৰি "বাটচ'ৰাতে" শীৰ্ষক আৰম্ভণি অধ্যায়ত লেখিকাই লিখিছে, "সপোন আৰু সম্ভাৱনাবোৰক চেনেলাইজ কৰি প্ৰতিভাত কৰাই হৈছে কিতাপখন পাঠকৰ হাতত তুলি দিয়াৰ উদ্দেশ্য। প্ৰতিজন লোকেই নিজৰ মনৰ মণিকূটত এক সফল,সুখী আৰু ভাল মানুহ হোৱাৰ সপোন পুহি ৰাখে। সকলো মানুহেৰ মনোজগতৰ ক'ৰবাত সুপ্ত হৈ থাকে মহৎ জীৱনৰ সাধনা কৰাৰ তাড়না। এই সপোন আৰু তাড়নাক উদ্বুদ্ধ কৰি প্ৰস্ফুটিত হৈ ওলাই অহাত সহায়ক হ'ব বুলিয়েই 'লক্ষ্য এক মনুষ্যত্ব'ৰ যাত্ৰা। কিতাপখনত মুঠ ৩৮ টা প্ৰবন্ধ আছে। এই প্ৰবন্ধসমূহ সাতটা বিশেষ অধ্যায়ত ভাগ কৰা আছে। অধ্যায়সমূহৰ নাম আৰু সেই অধ্যায়ত থকা প্ৰবন্ধসমূহৰ নাম তলত উল্লেখ কৰা হ'ল- কেন্দ্ৰীভূত লক্ষ্য এই অধ্যায়ৰ অন্তৰ্গত প্ৰবন্ধসমূহ হ'ল, 'জীৱনৰ অনুঘটক আৰু অদম্য অধ্যাৱসায়', 'সৃষ্টিশীল জিনিয়াছ', 'অগ্ৰাধিকাৰেই মানুহ গঢ়ে', 'আই-ফোন ইফেক্ট', 'বিক্ষিপ্ত চিন্তাৰ অৱৰোধ আৰু সফলতাৰ মানস চিত্ৰণ', 'নিৰ্বিঘ্ন নিদ্ৰা অভিনৱ সৃষ্টিৰ আধাৰ', 'অভিনৱ সপোনবোৰ' আৰু 'নিজে বিচৰা পৰিৱৰ্তনৰ আৰ্হি হোৱা'। লক্ষ্যপ্ৰাপ্তিৰ পথ অভ্যাস এই অধ্যায়ৰ অন্তৰ্গত প্ৰবন্ধসমূহ হ'ল, 'অভ্যাস গঠনৰ বাবে কিমান দিন?', 'অভ্যাস গঠন আৰু অনুপ্ৰেৰণা','সজ অভ্যাসৰ অবিৰত কৰ্ষণ', 'অভ্যাস গঢ়া-ভঙাৰ সাধনা','কিতাপ পঢ়াৰ অভ্যাস','আত্ম-নিয়ন্ত্ৰণ' আৰু 'নতুন অভ্যাস গঠনেৰে সাফল্যৰ অভিযান'। নিজৰ সৈতে চুক্তি আৰু চৰ্ত, এই অধ্যায়ৰ অন্তৰ্গত প্ৰবন্ধসমূহ হ'ল, 'প্লেটফৰ্ম','ভৱিষ্যৎকেন্দ্ৰিক চিন্তন কিমান উপাদেয়', 'নিজৰ সৈতে পাঁচটা চুক্তিৰে প্ৰণালীবদ্ধ জীৱন-যাত্ৰা' আৰু 'এক আৰু শূন্যৰ শক্তি'। কৰ্মস্পৃহা, স্বাস্থ্য আৰু চিৰযৌৱনৰ ৰহস্য, এই অধ্যায়ৰ অন্তৰ্গত প্ৰবন্ধসমূহ হ'ল, 'কৰ্মস্পৃহাতেই জীয়াই থকাৰ মাদকতা','চিৰ যৌৱনৰ ৰহস্যৰ সন্ধান','কৰ্মস্পৃহা আৰু দীৰ্ঘ জীৱন','নিদ্ৰা, সক্ৰিয় জীৱন আৰু স্বাস্থ্যৰ সাধনা' আৰু 'শৰীৰ,মন আৰু পেটৰ স্বাস্থ্য'। জীৱন এষণা, এই অধ্যায়ৰ অন্তৰ্গত প্ৰবন্ধসমূহ হ'ল, 'উপলব্ধি','জীৱনৰ উদ্দেশ্যৰ সন্ধানত','সন্তুষ্টিৰ কথকতা','মুক্ত চিন্তন','গুৰু হোৱাৰ সাধনা' আৰু 'মানুহ গঢ়ে এখন সমাজে'। জীৱন জিনিবা হাঁহিৰে, এই অধ্যায়ৰ অন্তৰ্গত প্ৰবন্ধসমূহ হ'ল, 'মাৰ্ক টোৱেইনৰ খং','সফলতাৰ সোপান দূৰন্ত সপোন','জীৱন সংগ্ৰামৰ আৰোহী মায়া এঞ্জেলো' আৰু 'জীৱন জিনিবা হাঁহিৰে' জীৱন জুখিবা মনুষ্যত্বৰে, এই অধ্যায়ৰ অন্তৰ্গত প্ৰবন্ধসমূহ হ'ল, 'জীৱনৰ ৰং সোণ','জীৱনৰ জয়গান','জীৱন ডিঙা বাই থাকা' আৰু 'মনুষ্যত্বৰ সাধনা'। 'গুৰু হোৱাৰ সাধনা' প্ৰবন্ধটোত এজন শিক্ষকৰ দায়িত্ব,কৰ্তব্যৰ কথা উল্লেখ কৰিছে। মানুহ আৰু সমাজৰ পৰস্পৰৰ নিৰ্ভৰশীলতা আৰু ভাৰসাম্যই সমাজৰ ঐক্য আৰু বিকাশৰ সামাজিক লক্ষ্য সৃষ্টি কৰে বুলি উল্লেখ আছে 'মানুহে গঢ়ে এখন সমাজ' প্ৰবন্ধটোত। লেখকৰ চমু পৰিচয় তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত পি এইচ ডি অৰ্জন কৰা নিৰ্মলা দেৱী ৰাজস্থানৰ জয়পুৰত থকা কেন্দ্ৰীয় পেট্ৰকেমিকেলজ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত ৰসায়ন বিজ্ঞানৰ অধ্যাপিকা হিচাপে কৰ্মৰত। আই আই টি গুৱাহাটীৰ পৰা তেওঁ পষ্ট ডক্টৰেট কৰে। বৰ্তমানলৈকে ৰিচাৰ্ছগেটত তেওঁৰ ৬১৪ খন চাইটেচন আছে। ৰ তেওঁ ৰাজ্যিক সভাপতি। নাগালেণ্ডৰ এন আই টিতো কৰ্মৰত আছিল। তথ্যৰ উৎস লগতে চাওক প্ৰজ্ঞাৰ সাধনা আত্ম দীপো ভৱ অসমীয়া
57673
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A6%BF.%20%E0%A6%AC%E0%A6%BF.%20%E0%A6%AE%E0%A7%81%E0%A6%A5%E0%A6%BE%E0%A6%AE%E0%A7%8D%E0%A6%AE%E0%A6%BE
চি. বি. মুথাম্মা
চনিৰা বেল্লিয়াপ্পা মুথাম্মা চমুকৈ চি. বি. মুথাম্মা ২৪ জানুৱাৰী ১৯২৪ ১৪ অক্টোবৰ ২০০৯) এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু অসামৰিক সেৱা বিষয়া। তেওঁ কেন্দ্ৰীয় লোকসেৱা আয়োগে আয়োজন কৰা ভাৰতীয় অসামৰিক সেৱা পৰীক্ষা উত্তীৰ্ণ হোৱা প্ৰথম গৰাকী মহিলা আৰু ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰা তেওঁ প্ৰথম গৰাকী মহিলা। ইয়াৰ লগতে তেওঁ প্ৰথম ভাৰতীয় মহিলা কূটনীতিবিদ। পিছলৈ তেওঁ ৰাষ্ট্ৰদূত পৰ্যায় লাভ কৰে ৰে আৰু প্ৰথম ভাৰতীয় মহিলা ৰাষ্ট্ৰদূত হিচাপে পৰিগণিত হয়। তেওঁ ভাৰতীয় অসামৰিক সেৱাত লিংগ সমতাৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে জনাজাত। প্ৰাৰম্ভিক জীৱন ১৯২৪ চনৰ ২৪ জানুৱাৰী তাৰিখে কুৰ্গৰ বিৰাজপেটত চনিৰা বেল্লিয়াপ্পা মুথাম্মাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ এগৰাকী ভাৰতীয় বন সেৱাৰ বিষয়া আছিল। তেওঁৰ ন বছৰ বয়সতে পিতৃৰ মৃত্যু হোৱাত তেওঁৰ মাতৃয়ে চাৰিগৰাকী সন্তানক সুশিক্ষা প্ৰদান কৰাত ব্ৰতী হৈছিল। মুথাম্মায়ে মেডিকেৰীত অৱস্থিত চেইণ্ট জোচেফছ্ ছোৱালী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ পিছত মাদ্ৰাজৰ খ্ৰীষ্টান মহিলা কলেজত নামভৰ্তি কৰিছিল। ইয়াৰ পৰা তেওঁ তিনিটা সোণৰ পদক লাভ কৰি স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ চেন্নাইৰ প্ৰেচিডেন্সি কলেজৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। কৰ্মজীৱন তেওঁ ১৯৪৮ চনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় অসামৰিক সেৱাত যোগদান কৰে প্ৰথম গৰাকী মহিলা। তেওঁ ভাৰতীয় বৈদেশিক সেৱাত প্ৰাৰ্থী সমূহৰ তালিকাত শীৰ্ষস্থান লাভ কৰিছিল আৰু ১৯৪৯ চনত তেওঁ ৰী সেৱাত যোগদান কৰে। তেওঁ বিবাহপাশত আৱদ্ধ হোৱাৰ সময়ত চাকৰিৰ পৰা অব্যাহতি লব বুলি শপতনামা চহী কৰাৰ পিছত হে চাকৰিত যোগদান কৰিব পাৰিছিল। প্ৰথমে তেওঁক ফ্ৰান্সৰ পেৰিছত অৱস্থিত ভাৰতীয় দূতাবাসত নিযুক্তি দিয়া হৈছিল। তেওঁ কূটনীতিবিদ হিচাপে ম্যানমাৰৰ ৰেংগুন, যুক্তৰাজ্যৰ লণ্ডনত চাকৰি কৰিছিল। ইয়াৰ লগতে তেওঁ দিল্লীত অৱস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পাকিস্তানৰ ডেস্কত কৰ্মৰত আছিল। ১৯৭০ চনত তেওঁ হাংগেৰীৰে ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ লগে লগে তেওঁ প্ৰথম ভাৰতীয় মহিলা ৰাষ্ট্ৰদূত হিচাপে পৰিগণিত হ'ল। তাৰপিছত তেওঁ ঘানা আৰু নেদাৰলেণ্ডৰ ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে সেৱা আগবঢ়াইছিল। ১৯৮২ চনত সুদীৰ্ঘ ৩২ বছৰ কাল বৈদেশিক সেৱাত সেৱা আগবঢ়োৱাৰ পিছত তেওঁ অৱসৰ গ্ৰহণ কৰে। লিংগ সমতা তেওঁ ভাৰতীয় অসামৰিক সেৱাত লিংগ সমতাৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে জনাজাত। সেইসময়ত মহিলা সকলে কৰ্মক্ষেত্ৰত হেয়জ্ঞান কৰা হৈছিল আৰু উচ্চ পদৱী সমূহত সাধাৰণতে মহিলাক নিযুক্তি দিয়া নহৈছিল। প্ৰথমে উপযুক্ত প্ৰাৰ্থী হোৱাৰ পিছতো তেওঁক ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ত সচিব পদ দিয়া হোৱা নাছিল। সময়মতে পদোন্নতি লাভ নকৰাৰ বাবে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইয়াৰ লগে লগে ভাৰত চৰকাৰে তেওঁক প্ৰাপ্য পদোন্নতি প্ৰদান কৰে যদিও উচ্চতম ন্যায়ালয়ত উক্ত বিষয়ত শুনানি জাৰি থাকে। ১৯৭৯ চনত ন্যায়াধীশ ভি. আৰ. কৃষ্ণ আয়াৰৰ অধ্যক্ষতাৰ তিনিগৰাকী ন্যায়াধীশৰ পীঠে এই বিষয়ত ঐতিহাসিক ৰায় প্ৰদান কৰে। এই ৰায়ত ন্যায়ালয়ে কৰ্মক্ষেত্ৰত থকা সকলো ধৰণৰ বৈষম্যতা দূৰ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে বৈদেশিক সেৱাৰ মহিলা বিষয়া সকলে বিবাহৰ বাবে চৰকাৰৰ কোনো অনুমতিৰ প্ৰয়োজন নাই বুলিও উল্লেখ কৰে। অন্যান্য কৰ্মৰাজি অৱসৰৰ পিছত মুথাম্মা ছুইডেনৰ প্ৰধানমন্ত্ৰী ৱল্ফ পাল্মৰ আহ্বানত প্ৰতিষ্ঠা হোৱা ইনডিপেনডেণ্ট কমিচন অন ডিছআৰ্মমেণ্ট এণ্ড চিকিউৰিটি ইছ্যুছৰে ভাৰতীয় সদস্য হিচাপে মনোনীত হয়। ২০০৩ চনত বিবেক ফাউণ্ডেচনে তেওঁৰ প্ৰবন্ধ সংকলন শ্লাইন বাই দা চিষ্টেম প্ৰকাশ কৰে। তেওঁ দা এচেন্সিয়েলছ অফ কডাভ কুকবুক নামেৰে কডাভ জাতিৰ খাদ্য বিষয়ক কিতাপৰ সহ লেখিকা আছিল। তেওঁ এক বুজন অংশৰ ব্যক্তিগত মাটি দান কৰিছে। তেওঁ দিল্লীৰ প্ৰায় ১৫ একৰ মাটি মিছনেৰীছ অফ চেৰিটিক অনাথ সকলৰ বাবে বিদ্যালয় প্ৰতিষ্ঠাৰ বাবে দান কৰিছিল। মৃত্যুৰ সপ্তাহত তেওঁ গণিকাপুল উচ্চমাধ্যমিক বিদ্যালয়ৰ পুথিভঁৰাল স্থাপনৰ বাবে আৰু বিৰাজপেটত এখন ব্যৱসায় ব্যৱস্থাপনা মহাবিদ্যালয়ৰ অট্টালিকাৰ বাবে দান আগবঢ়াইছিল। মৃত্যু ২০০৯ চনৰ ১৪ অক্টোবৰ তাৰিখে বেংগালুৰুৰ এক ব্যক্তিগত চিকিৎসালয়ত ৮৫ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। তথ্য উৎস ভাৰতৰ ব্যক্তি মৃত ব্যক্তি ভাৰতীয় কূটনীতিবিদ ভাৰতীয় প্ৰশাসনিক সেৱাৰ
73162
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A7%80%E0%A7%B0%E0%A6%9C%20%E0%A6%9A%E0%A7%8B%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE
নীৰজ চোপ্ৰা
চুবেদাৰ নীৰজ চোপ্ৰা জন্ম: ২৪ ডিচেম্বৰ ১৯৯৭) হৈছে ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড খেলুৱৈ আৰু ভাৰতীয় সেনাৰ এগৰাকী জুনিয়ৰ কমিছণ্ড বিষয়া তেওঁ ট্ৰেক এণ্ড ফিল্ডৰ জেভলীন থ্ৰ' খেল খেলে। নীৰজ চোপ্ৰাৰ জেভলীন থ্ৰ'ৰ শ্ৰেষ্ট প্ৰদৰ্শন হৈছে ৮৮.০৭ মিটাৰ। তেওঁ ২০২০ টকিঅ' অলিম্পিকত ৮৭.৫৮ মিটাৰ দূৰত্বলৈ জেভলীন দলিয়াই সোণৰ পদক লাভ কৰে। ২০১৮ চনৰ কমনৱেলথ গেমছত তেওঁ দেশৰ পতাকা ধাৰণ কৰিছিল। তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিত, তেওঁ ২০১৬ চনত বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ খিতাপ জয় কৰিছিল আৰু বিশ্বৰ ২০ বছৰৰ তলৰ ৮৬.৪৮ মিটাৰ অভিলেখ গঢ়িছিল। তেওঁ হৈছে জুনিয়ৰ শাখাৰ ট্ৰেক এণ্ড ফিল্ডত বিশ্ব খিতাপ জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ। টকিঅ'ত ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকলৈ নিৰ্বাচিত হোৱাৰ সময়ত তেওঁ কিলাকুটিত আঘাত পাইছিল, তথাপি তেওঁ ৮৭.৮৬ মিটাৰ থ্ৰ' কৰি টকিঅ' অলিম্পিকলৈ নিৰ্বাচিত হৈছিল। তাৰ পিছত তেওঁ ৮৬.৬৫ মিটাৰ প্ৰদৰ্শন কৰি অৰ্হতা ৰাউণ্ডত যোগ্যতা অৰ্জন কৰিছিল আৰু ফাইনেলত প্ৰৱেশ কৰিছিল। ফাইনেলত তেওঁ ৮৭.৫৮ মিটাৰ দলিয়াই ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰে। অভিনৱ বিন্দ্ৰাৰ পিছত অলিম্পিকৰ যিকোনো ব্যক্তিগত খেলত সোণৰ পদক জয় কৰা তেওঁ হৈছে দ্বিতীয়জন ভাৰতীয় খেলুৱৈ। প্ৰাৰম্ভিক জীৱন ১৯৯৭ চনৰ ২৪ ডিচেম্বৰ তাৰিখে হাৰিয়ানাৰ পানিপথ জিলাৰ খান্দৰা গাঁৱত নীৰজ চোপ্ৰাৰ জন্ম হৈছিল। তেওঁ চণ্ডিগড়ৰ ডি এ ভি কলেজত শিক্ষা লাভ কৰিছিল। ২০১৬ চনত তেওঁ নায়েব চুবেদাৰ পদবীৰ সৈতে ভাৰতীয় সেনাত এজন কনিষ্ঠ কমিছণ্ড বিষয়া হিচাপে নিযুক্ত কৰিছিল। শৈশৱকালত তেওঁ মৌচাকত শিল নিক্ষেপ কৰি ভাল পাইছিল আৰু তেওঁৰ পিতৃ সতীশ কুমাৰ চোপ্ৰায়ে তেওঁক শৃংখলাবদ্ধ হিচাপে গঠন কৰিবলৈ জেভলীন থ্ৰ' অনুশীলন কৰিবলৈ প্ৰেৰিত কৰিছিল। শিৱাজী ষ্টেডিয়ামত কিশোৰ অৱস্থাত তেওঁ ২০১১ চনত জেভলিন থ্ৰো'ৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। খেলুৱৈ জীৱন নীৰজ চোপ্ৰায়ে ২০১৬ চনত গুৱাহাটীত অনুষ্ঠিত দক্ষিণ এছিয় ক্ৰীড়া ৮৪.২৩ মিটাৰ থ্ৰ'ৰে সোণৰ পদক অৰ্জন কৰিছিল। ইয়াত তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখৰ সমতুল্য আছিল। তেওঁ পোলেণ্ডৰ বাইডগছজজত অনুষ্ঠিত ২০১৬ চনৰ আইএএএফ বিশ্ব অনুৰ্ধ-২০ চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল। ইয়াত তেওঁ এক বিশ্ব জুনিয়ৰ ৰেকৰ্ডও স্থাপন কৰিছিল। এই প্ৰদৰ্শনৰ স্বত্বেও তেওঁ ২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ব্যৰ্থ হৈছিল কিয়নো অলিম্পিকৰ যোগ্যতা নিৰ্ণয়ৰ শেষ তাৰিখ ১১ জুলাই আছিল। নীৰজে এছিয়ান এথলেটিক চেম্পিয়নশ্বিপ ২০১৭ ত ৮৫.২৩ মিটাৰ থ্ৰ'ৰ সৈতে আন এটা সোণৰ পদক অৰ্জন কৰিছিল। তেওঁ ২০১৮ চনত অনুষ্ঠিত কমনৱেলথ গেমছ (চিডব্লিউজি)ত পুৰুষৰ জেভলীন থ্ৰ' প্ৰতিযোগিতাত ৮৬.৪৭ মিটাৰ থ্ৰ'ৰ সৈতে সোণৰ পদক অৰ্জন কৰে লগতে চিডব্লিউজিত জেভেলিন থ্ৰ'ত পদক বিজয়ী প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়। ২০১৮ চনৰ মে' মাহত তেওঁ পুনৰ ৮৭.৪৩ মিটাৰ থ্ৰ'ৰে দোহা ডায়মণ্ড লীগত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে। ২২ বছৰীয়া চোপ্ৰাক এএফআইয়ে একমাত্ৰ ট্ৰেক এণ্ড ফিল্ড এথলীট হিচাপে ২০১৮ বৰ্ষত দেশৰ সৰ্বোচ্চ ক্ৰীড়া বঁটাৰ বাবে মনোনীত কৰিছিল। গোল্ড কোষ্ট কমনৱেলথত স্বৰ্ণ জয় কৰাৰ পিছত নীৰজ চোপ্ৰায়ে ২০১৮ চনত অৰ্জুন বঁটা লাভ কৰিছিল। জাৰ্মান জৈৱ-বলবিজ্ঞান বিশেষজ্ঞ ক্লাউছ বাৰ্টনিয়েৎজ বৰ্তমান তেওঁৰ প্ৰশিক্ষক। ইয়াৰ আগতে গেৰী কালভাৰ্টৰ, ৱেৰ্ণাৰ ডেনিয়েলছ আৰু উৱে হোন তেওঁৰ প্ৰশিক্ষক আছিল। ২০১৮ চনৰ ২৭ আগষ্ট তাৰিখে নীৰজে এছিয়ান গেমছত পুৰুষৰ জেভলীন থ্ৰ'ত স্বৰ্ণ জয় কৰিবলৈ ৮৮.০৬ মিটাৰ দূৰত্ব দলিয়াইছিল আৰু এক নতুন ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল। ২০২১ চনৰ ৫ মাৰ্চ তাৰিখে নীৰজ চোপ্ৰাই পুনৰ তেওঁৰ অতীতৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি নতুন অভিলেখ ৮৮.০৭ মিটাৰত স্থাপন কৰে। জেভেলিন থ্ৰ'য়াৰ নীৰজ চোপ্ৰাই তেওঁৰ ২০২১ চনৰ আন্তৰ্জাতিক ছিজন ৮৩.১৮ মিটাৰ থ্ৰোৰে আৰম্ভ কৰিছিল আৰু পৰ্তুগালৰ লিছবনত অনুষ্ঠিত এক অনুষ্ঠানত জেভেলীন থ্ৰ' প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিছিল। তেওঁ ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি অলিম্পিকত আত্মপ্ৰকাশ কৰিছিল। ২০২১ চনৰ ৪ আগষ্টত তেওঁ পুৰুষৰ জেভেলীন থ্ৰ'ত ২০২০ টকিঅ' অলিম্পিকৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে। তেওঁ ২০২১ চনৰ ৭ আগষ্টত ৮৭.৫৮ মিটাৰ থ্ৰ'ৰে পুৰুষৰ জেভেলীন থ্ৰ' প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে। ইয়াৰ লগে লগে তেওঁ স্বাধীনতাৰ পিছত এথলেটিকছত স্বৰ্ণ পদক অৰ্জন কৰা তেওঁ প্ৰথম ভাৰতীয় খেলুৱৈ হিচাপেও পৰিগণিত হয়। এথলেটিকছত তেওঁৰ এই অলিম্পিক পদক তাৎপৰ্যপূৰ্ণভাৱে ভাৰতৰ এথলেটিকছত ভাৰতৰ প্ৰথম অলিম্পিক পদক আছিল। বঁটা আৰু সন্মান অৰ্জুন বঁটা ২০১৮ বিশিষ্ট সেৱা পদক (ভিএছএম) ২০২০ গণতন্ত্ৰ দিৱস সন্মান ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা, ২০২১ ২০২০ টকিঅ' গ্ৰীষ্মকালীন অলিম্পিকত সোণৰ পদক জয় কৰাৰ বাবে ভাৰত চৰকাৰৰ পৰা ₹৭৫ লাখ টকা হাৰিয়ানা চৰকাৰৰ পৰা ₹৬ কোটি টকা তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ভাৰতৰ ব্যক্তি জীৱিত ব্যক্তি ভাৰতৰ এথলীট সেনা বিষয়া অলিম্পিকত পদক বিজয়ী ভাৰতীয় অৰ্জুন বঁটা বিজয়ী মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা
9701
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%8C%E0%A6%A6%E0%A7%8D%E0%A6%A7%20%E0%A6%A7%E0%A7%B0%E0%A7%8D%E0%A6%AE
বৌদ্ধ ধৰ্ম
বৌদ্ধ ধৰ্ম গৌতম বুদ্ধৰ দ্বাৰা প্ৰচাৰিত এটা ধৰ্ম বিশ্বাস আৰু জীৱন দৰ্শন। আনুমানিক খ্ৰ্ৰীষ্টপূৰ্ব ষষ্ঠ শতাব্দীত গৌতম বুদ্ধৰ জন্ম হৈছিল। বুদ্ধৰ পৰিনিৰ্বাৰ্ণৰ পাছত ভাৰতীয় উপমহাদেশ সহ এছিয়াৰ বিভিন্ন অঞ্চলত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ হয়। বৰ্তমান বৌদ্ধ ধৰ্ম দুটা প্ৰধান মতবাদত বিভক্ত। প্ৰধান অংশটো হৈছে হীনযান বা থেৰবাদ (সংস্কৃত ভাষাত: স্থবিৰবাদ)। দ্বিতীয় ভাগটো মহাযান নামে পৰিচিত। বজ্ৰযান বা তান্ত্ৰিক মতবাদটো মহাযানৰ এটা অংশ। বাংলাদেশ, ভাৰত, শ্ৰীলংকা, ম্যানমাৰ, চীন, জাপান, থাইলেণ্ড, ভিয়েটনাম আৰু কোৰিয়াৰ লগতে পূৰ্ব আৰু দক্ষিণ-পূৰ্ব এছিয়াৰ অনেক দেশত এই ধৰ্মবিশ্বাসৰ অনুসৰণকাৰী আছে। ব্যুৎপত্তি আক্ষৰিক অৰ্থত "বুদ্ধ" বুলিলে একজন জ্ঞানপ্ৰাপ্ত, উদ্বোধিত, জ্ঞানী, জাগৰিত মানুহকে বুজায়। উপাসনাৰ মাধ্যমৰে উদ্ভাসিত আধ্যাত্মিক উপলব্ধি আৰু পৰম জ্ঞানকে বোধি বোলা হয় (যিজোপা অশ্বত্থ গছৰ তলত তপস্যা কৰি বুদ্ধদেৱে বুদ্ধত্ব লাভ কৰিছিল সেই জোপা গছৰ নাম আছিল বোধি বৃক্ষ)। সেই অৰ্থত যি কোনো মানুহেই বোধপ্ৰাপ্ত, উদ্বোধিত আৰু জাগৰিত হৱ পাৰে। গৌতম বুদ্ধ বা সিদ্ধাৰ্থ গৌতম সেইযুগৰ তেনে এজন "বুদ্ধ"। গৌতম বুদ্ধৰ জীৱনী উত্তৰ পূৱ ভাৰতৰ কপিলাবাস্তু নগৰীৰ ৰজা শুদ্ধধনৰ পুত্ৰ আছিল সিদ্ধাৰ্থ (গৌতম বুদ্ধ)। খ্ৰীষ্টপূৰ্ব ৫৬৩ত লুম্বিনি কাননত {যিখন বৰ্তমান নেপালত অৱস্থিত) সিদ্ধাৰ্থই (গৌতম বুদ্ধ) জন্ম গ্ৰহণ কৰে। তেওঁৰ জন্মৰ ৭ দিন পিছতেই মাতৃ, ৰানী মাহামায়াৰ মৃত্যু হয়। তেওঁৰ জন্মৰ পিছৰছোৱা জনৈক মুনি এজন কপিলাবাস্তু নগৰীলৈ আহি সিদ্ধাৰ্থক দেখি ভৱিষ্যতবাণী কৰে যে,সিদ্ধাৰ্থ ভবিষ্যতে এজন দশোদিশ বিজয়ী ৰজা আৰু লগতে মহান মানৱ হৱ। বৌদ্ধ দৰ্শন বৌদ্ধ দৰ্শনৰ উৎপত্তি গৌতম বুদ্ধৰ মতবাদৰপৰা হৈছে। পাতনিৰেপৰাই বৌদ্ধ ধৰ্মত দৰ্শনৰ প্ৰভাৱ লক্ষণীয়। কেইটামান ৰক্ষণশীল দাৰ্শনিক মতবাদৰ বিৰোধিতা কৰি বৌদ্ধ দৰ্শনৰ সৃষ্টি হৈছিল। বুদ্ধই অস্তিত্বৰ ধাৰণাক অনৈদ্দেশ্যিক বুলি কৈছিল, কাৰণ এই ধাৰণাত অস্তিত্বক এক প্ৰামাণ্য ধৰাণা বুলি গণ্য কৰা হৈছিল। এই মূল সিদ্ধান্তৰ ওপৰতে বৌদ্ধ দৰ্শন প্ৰতিষ্ঠিত হৈছে। ভাৰতীয় দৰ্শনৰ 'কৰ্ম'ৰ ধাৰণা ('কাৰ্য্য আৰু ফলাফল' প্ৰতিটো হৈ যোৱা কাম আৰু কৰিবলগীয়া কামৰ মাজত সম্বন্ধ থাকে) বৌদ্ধ দৰ্শনতো বিদ্যমান। প্ৰতিটো ঘটনাই আগতে সংঘটিত কৰা অন্য কাৰ্যৰ ফলাফল। কিন্তু বৌদ্ধ মতবাদত 'অজৰ-অমৰ, স্থায়ী' আত্মাৰ কথা স্বীকাৰ কৰা নহয়। বুদ্ধৰ দৰ্শনৰ প্ৰধান অংশ হৈছে দুখৰ কাৰণ আৰু সেইবোৰ আতৰোৱাৰ উপায়। বাসনা সকলো দুখৰ মূল। বুদ্ধৰ মতে সকলো প্ৰকাৰৰ বন্ধনৰ পৰা মুক্তিয়েই হৈছে প্ৰধান লক্ষ্য। এইটোকে নিৰ্বাণ বোলা হয়। নিৰ্বাণ শব্দৰ আক্ষৰিক অৰ্থ হৈছে বিলুপ্তি, বিলয়, অৱসান। এই সম্বন্ধে বুদ্ধদেৱৰ চাৰিটা উপদেশ যিটো আৰ্যসত্য (পালিঃ চত্বাৰি আৰ্য সত্যানি) নামে পৰিচিত। তেখেতে অষ্টবিধ উপায়ৰ মাধ্যমৰে মধ্যপন্থা অৱলম্বনৰ ওপৰতবিশেষ গুৰুত্ব দিছিল। বৌদ্ধধৰ্মৰ মূলনীতি চতুৰাৰ্য সত্য যথা দুখ: আছে দুখ সমুদয়: দুখৰ কাৰণ আছে দুখ নিৰোধ: দুখ ৰোধ কৰিব পাৰি দুখ নিৰোধ মাৰ্গ: দুখ ৰোধ কৰাৰ উপায় আছে সম্যক ধাৰণা অষ্টাঙ্গিক মাৰ্গ সম্যক দৰ্শন সম্যক সংকল্প সম্যক বাক সম্যক আচৰণ সম্যক জীৱনধাৰণ সম্যক প্ৰয়াস সম্যক স্মৃতি সম্যক সমাধি ত্ৰিশৰণ মন্ত্ৰ আৰ্যসত্য আৰু অষ্টবিধ উপায় অৱলম্বনৰ আগেয়ে ত্ৰিশৰণ মন্ত্ৰ গ্ৰহণ কৰিব লাগে। এই মন্ত্ৰৰ তাৎপৰ্য: বুদ্ধং শৰণং গচ্ছামি ই বুদ্ধৰ চৰণত বিলীন। বোধি লাভ জীৱনৰ মুখ্য উদ্দেশ্য। বুদ্ধত্ব মানে পূৰ্ণ সত্য, পবিত্ৰতা, চৰম আধ্যাত্মিক জ্ঞান। ধম্মং শৰণং গচ্ছামি ই ধৰ্মৰ শৰণত বিলীন। যি সাধনা অভ্যাস দ্বাৰা সত্য লাভ হয়, আধ্যাত্মিকতাৰ পূৰ্ণ বিকাশ হয় সেয়াই ধৰ্ম। সঙ্ঘং শৰণং গচ্ছামি ই সঙ্ঘৰ চৰণত বিলীন। য’ত পূৰ্ণ জ্ঞান লাভৰ বাবে ধৰ্মৰ সাধনা সম্যক ভাৱে কৰা যায় সেয়ে সঙ্ঘ। ধৰ্মগ্ৰন্থ ত্ৰিপিটক বৌদ্ধধৰ্মৰ অনুসৰণসাৰী সকলৰ মূল ধৰ্ম গ্ৰন্থ। বুদ্ধৰ দৰ্শন আৰু উপদেশ সমূহ ইয়াত লিপিবদ্ধ হৈছে। পালি ভাষাৰ তি-পিটকৰ পৰা অসমীয়া তথা অন্য কিছু ভাষাত ত্ৰিপিটক শব্দৰ প্ৰচলন হৈছে। তিনি পিটকৰ সমন্বিত সমাহাৰকে ত্ৰিপিটক বুজায়। এই তিনিটা পিটক হ’ল বিনয় পিটক, সূত্ৰ পিটক আৰু অভিধৰ্ম পিটক। পিটক শব্দটো পালি ভাষাত পাত্ৰ, বাকচ ইত্যাদি, অৰ্থ য’ত বস্তু সংৰক্ষণ কৰা হয়। খ্ৰীষ্টপূৰ্ব ৩য় শতিকাত সম্ৰাট অশোকৰ ৰাজত্বকালত ত্ৰিপিটক পূৰ্ণাঙ্গ গ্ৰন্থ হিচাপে স্বীকৃতি লাভ কৰে। এই গ্ৰন্থৰ গ্ৰ্ন্থায়নৰ কাম আৰম্ভ হৈছিল গৌতম বুদ্ধৰ মৃত্যুৰ তিনি মাহ পিছত অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ৫৪৩ ত আৰু সমাপ্তি ঘটিছিল খ্ৰীষ্টপূৰ্ব প্ৰায় ২৩৬ত। প্ৰায় তিনিশ বছৰত তিনিটা সঙ্ঘায়নৰ মাজেদি ইয়াৰ গ্ৰন্থায়নৰ কাম সমাপ্ত হয়। সম্পৰ্কীয় আলোকচিত্ৰ তথ্যসূত্ৰ প্ৰমাণ (1984). 4, 420 350 400 (1958; 1988). 1800 1). 0-231-06651-1. (1988; 2002). 0-415-07585-8. 2001, 2008) 978-0-9789067-7-1 (2009) 978-1-4392-2134-1. (2004). 978-0-415-31414-5. 1956; 0-8021-3031-3. (1970; 1982). 0-7734-5985-5. (2005). 8 (2000). 0-415-20701-0. 29 2008 0-86171-133-5. (1972). 1959. অনলাইন বাহ্যিক সংযোগ লগতে চাওক সত্য সাই বাবা বৌদ্ধ
82703
https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%8D%E0%A6%AF%20%E0%A6%B8%E0%A7%87%E0%A6%A8
লক্ষ্য সেন
লক্ষ্য সেন জন্ম: ১৬ আগষ্ট ২০০১) এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। সেন এজন প্ৰাক্তন বিশ্ব জুনিয়ৰ ১ নং খেলুৱৈ। তেওঁ ২০১৮ চনৰ এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত ল’ৰাৰ একক আৰু গ্ৰীষ্মকালীন যুৱ অলিম্পিকত মিক্সড টিম ইভেণ্টত সোণৰ পদক লাভ কৰিছে। ২০২১ চনৰ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে ২০২২ চনৰ অল ইংলেণ্ড অ’পেনত ৰানাৰ্ছ আপ আছিল। থমাছ কাপ ২০২২ জয় কৰা ভাৰতীয় দলটোৰো তেওঁ অংশ আছিল। পুৰুষৰ একক বেডমিণ্টনত ২০২২ চনৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত লক্ষ্য সেনে সোণৰ পদক লাভ কৰিছিল। এই প্ৰতিযোগিতাৰে মিক্সড দল ইভেণ্টত তেওঁ ৰূপৰ পদক লাভ কৰিছিল। ব্যক্তিগত জীৱন লক্ষ্য সেনৰ জন্ম হৈছিল উত্তৰাখণ্ডত। তেওঁৰ পিতৃ ডি কে সেন ভাৰতৰ এগৰাকী প্ৰশিক্ষক আৰু তেওঁৰ ভাতৃ চিৰাগ সেন এজন আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ। কেৰিয়াৰ ২০১৬ চন প্ৰকাশ পাডুকন বেডমিণ্টন একাডেমীত প্ৰশিক্ষণ লোৱা সেনে অতি কম বয়সতে বেডমিণ্টন খেলুৱৈ হিচাপে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল আৰু ২০১৬ চনত জুনিয়ৰ বেডমিণ্টন চাৰ্কিটত এটা উজ্জ্বল বছৰ অতিবাহিত কৰিবলৈ সক্ষম হয়। ছান ফেইচিয়াঙৰ হাতত ১২-২১, ১৬-২১ পইণ্টৰ ব্যৱধানত পৰাস্ত হোৱাৰ পিছত তেওঁ জুনিয়ৰ এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। কাকতলীয়াকৈ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰি-কোৱাৰ্টাৰত পুনৰ ছানৰ হাতত ২১-১৭, ৮-২১ আৰু ১৩-২১ পইণ্টত তেওঁ পৰাস্ত হয়। সেনৰ দলটোৱে দলীয় ইভেণ্টত ৮ম স্থান দখল কৰে। সেনে ছিনিয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ২০১৬ চনৰ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ছিৰিজ প্ৰতিযোগিতাত পুৰুষৰ একক খিতাপ দখল কৰিছিল। ২০১৭ চন চৈয়দ মোদী ইণ্টাৰনেশ্যনেলত বছৰটো আৰম্ভ কৰা সেন প্ৰি-কোৱাৰ্টাৰত সৌৰভ ভাৰ্মাৰ হাতত ১৪-২১,১৬-২১ পইণ্টত পৰাস্ত হৈছিল। ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত সেনে বি ডব্লিউ এফ ৱৰ্ল্ড জুনিয়ৰ ৰেংকিঙত এক নম্বৰৰ জুনিয়ৰ একক খেলুৱৈ হিচাপে পৰিগণিত হয়। জুনিয়ৰ এছিয়ান চেম্পিয়নশ্বিপত সেনে ১ নং ছিডত স্থান লাভ কৰিছিল যদিও প্ৰি-কোৱাৰ্টাৰত লিন চুন-ইৰ হাতত ২১-১৩,২৩-২৫ আৰু ২০-২২ পইণ্টত পৰাস্ত হৈছিল। সেনে ভিয়েটনাম অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পূৰ্বে কোডাই নাৰাওকাৰ হাতত ২১-১৭,২১-২৩ আৰু ১০-২১ গ’লত পৰাস্ত হৈছিল। জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ২ নং ছিডত প্ৰৱেশ কৰিছিল যদিও কোৱাৰ্টাৰ ফাইনেলত তেওঁ পুনৰ কোডাই নাৰায়োকাৰ হাতত ২১-১৪,১৭-২১,১৪-২১ পইণ্টত পৰাস্ত হৈছিল। ২০১৮ চন সেনে নিউজিলেণ্ড অ’পেনত ষ্ট্ৰেইট গেমত তেওঁতকৈ বহু উচ্চ ৰেংকিঙৰ খেলুৱৈ চেম জুন ৱেইক ২১-১১,২১-১৬ পইণ্টত পৰাস্ত কৰিছিল যদিও ২বাৰ অলিম্পিকৰ সোণৰ পদক বিজয়ী আৰু ছিড নং ১ লিন ডেনৰ হাতত ২১-১৫,১৫-২১, ১২-২১ পইণ্টত তথা অষ্ট্ৰেলিয়ান অ’পেনত তেওঁ ছিড নং ৭ লি চেউক য়িউৰ হাতত ২০-২২,২১-১৩ আৰু ১৯-২১ পইণ্টত পৰাস্ত হয়। ২০১৮ চনৰ এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত শীৰ্ষ ছিডৰ বিশ্ব জুনিয়ৰ ১ নং খেলুৱৈ কুনলাভুত ভিটিডছাৰ্ণক ২১-১৯,২১-১৮ গ'লত পৰাস্ত কৰি সেনে চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰে। হায়দৰাবাদ অ’পেনত সেন ছিড নং ৮ হেও কোৱাং-হিৰ হাতত ১৩-২১ আৰু ১২-২১ পইণ্টত পৰাস্ত হয়। ২০১৮ চনৰ বাংকা বেলিটুং ইণ্ডোনেছিয়া মাষ্টাৰছৰ প্ৰি-কোৱাৰ্টাৰত সেনে ২ নং ছিডৰ খেলুৱৈ ছিটথিকম থামাচিনক ২১-১৪,২১-১৯ গ’লত পৰাস্ত কৰিছিল যদিও কোৱাটাৰ ফাইনেলত ছিড নং ৭ লিন ইউ-ছিয়েনৰ হাতত ২১-১২,২০-২১ আৰু ১৪-২১ গ’লত পৰাস্ত হৈছিল। ২০১৮ চনৰ গ্ৰীষ্মকালীন যুৱ অলিম্পিকত সেনে চতুৰ্থ ছিড হিচাপে অংশগ্ৰহণ কৰিছিল। চীনা খেলুৱৈ লি শ্বিফেঙৰ হাতত ১৫–২১, ১৯–২১ গ'লত পৰাস্ত হৈ তেওঁ ল'ৰাৰ একক বেডমিণ্টনৰ বাবে ৰূপৰ পদক লাভ কৰে। তেওঁ মিশ্ৰ দলীয় ইভেণ্টতো অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰাত সহযোগ কৰিছিল। ছেমি ফাইনেলত ২২-২০,১৬-২১,১৩-২১ গ’লত পৰাস্ত হৈ বি ডব্লিউ এফ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে। ২০১৯ চন বেলজিয়ামৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত সেনে ভিক্টৰ স্ভেণ্ডচেনক ২১-১৪ আৰু ২১-১৫ গ’লত পৰাস্ত কৰি জয়লাভ কৰে। জাপানৰ ইউছুকে অনোডেৰাক পৰাস্ত কৰি ডাচ অ’পেন পুৰুষৰ একক খিতাপ জয় কৰি সেনে প্ৰথমটো বি ডব্লিউ এফ ট্যুৰৰ খিতাপ দখল কৰে। ডাচ অ’পেন হৈছে বি ডব্লিউ এফ ট্যুৰ ছুপাৰ ১০০ৰ প্ৰতিযোগিতা। ২০১৯ চনৰ নৱেম্বৰ মাহত তেওঁ জাৰ্মানীৰ ছাৰব্ৰুকেনত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাতৰ ফাইনেলত চীনৰ ৱেং হংয়াঙক পৰাস্ত কৰি এই খিতাপ দখল কৰে। ২০১৯ চনৰে নৱেম্বৰ মাহত স্কটিছ অ'পেনত তেওঁ পুৰুষৰ একক খিতাপ দখল কৰিছিল, এই প্ৰতিযোগিতাত তেওঁ ব্ৰাজিলৰ ইগ'ৰ ক'য়েল'ৰ বিৰুদ্ধে জয়লাভ কৰিছিল। ২০২০ চন তেওঁ ২০২০ বৰ্ষৰ বেডমিণ্টন এছিয়া দল চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক দখল কৰা ভাৰতীয় দলটোৰ এজন সদস্য আছিল। সেনে ২০২০ চনৰ অল ইংলেণ্ড অ’পেনৰ ২য় ৰাউণ্ডত প্ৰৱেশ কৰাৰ পিছত চেম্পিয়ন তথা বিশ্বৰ ১ নং ভিক্টৰ এক্সেলছনৰ হাতত ১৭-২১ আৰু ১৮-২১ গ’লত পৰাস্ত হৈছিল। ২০২০ চনৰ ডেনমাৰ্ক অ’পেনৰ ২য় ৰাউণ্ডত হান্স-ক্ৰিষ্টিয়ান ভিটিংহাছৰ হাতত ২১-১৫,৭-২১ আৰু ১৫-২১ গ’লত পৰাস্ত হৈছিল। ২০২১ চন ডিচেম্বৰ মাহত তেওঁ বিশ্ব চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত প্ৰৱেশ কৰে য'ত তেওঁ শ্ৰীকান্ত কিদাম্বীৰ হাতত ২১–১৭, ১৪–২১, ১৭–২১ গ'লত পৰাস্ত হয় আৰু ব্ৰঞ্জৰ পদক লাভ কৰে। ২০২২ চন জানুৱাৰী মাহত তেওঁ ইণ্ডিয়া অ’পেনৰ ফাইনেলত বৰ্তমানৰ বিশ্ব চেম্পিয়ন লোহ কিন ইউক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ছুপাৰ ৫০০ খিতাপ দখল কৰিছিল। তেওঁ লোহক একেৰাহে দুখন খেলত ২৪–২২, ২১–১৭ গ’লত পৰাস্ত কৰে। জাৰ্মান অ’পেনত ছেমিফাইনেলত বিশ্বৰ ১ নং ভিক্টৰ এক্সেলছনক লক্ষ্যই পৰাস্ত কৰিছিল যদিও তেওঁ ফাইনেলত কুনলাভুত ভিটিডছাৰ্ণৰ হাতত পৰাস্ত হৈছিল। ইয়াৰ পিছত তেওঁ বিশ্ব নং ৩ এণ্ডাৰছ এণ্টনচেন আৰু বিশ্ব নং ৭ লি জি জিয়াক পৰাস্ত কৰি ২০২২ চনৰ অল ইংলেণ্ড অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰে। তেওঁ ফাইনেলত ভিক্টৰ এক্সেলছনৰ হাতত ১০-২১, ১৫-২১ গ'লত পৰাস্ত হয়। পৰৱৰ্তী সময়ত তেওঁ চুইছ অ'পেনৰ পৰা আঁতৰি যায়। লক্ষ্য সেন থমাছ কাপ ২০২২ৰ বাবে ভাৰতীয় পুৰুষ দলৰ অংশ আছিল। ইণ্ডোনেছিয়াক ৩-০ গ’লত পৰাস্ত কৰি থমাছ কাপ জয় কৰিবলৈ সক্ষম হয়। ২০২২ চনৰ কমনৱেলথ গেমছৰ ফাইনেলত মালয়েছিয়াৰ এন জি চে ইয়ংক পৰাস্ত কৰি তেওঁ কমনৱেলথ চেম্পিয়ন হৈছিল। তথ্যসূত্ৰ ভাৰতৰ ক্ৰীড়াবিদ ভাৰতৰ বেডমিণ্টন
4706
https://as.wikipedia.org/wiki/%E0%A6%9C%E0%A6%A8%20%E0%A6%B2%E0%A7%8B%E0%A6%95%E0%A6%AA%E0%A6%BE%E0%A6%B2%20%E0%A6%AC%E0%A6%BF%E0%A6%B2
জন লোকপাল বিল
লোকপাল শব্দটো আহিছে সংস্কৃত ভাষাত জনতাৰ সুৰক্ষা প্ৰদানকাৰী বুজোৱা শব্দৰ পৰা। ভাৰতৰ নিৰ্বাচন আয়োগৰ নিচিনাই এই লোকপাল হৈছে এক স্বতন্ত্ৰ সংস্থা। চৰকাৰৰ পৰা আগতীয়া অনুমতি নোলোৱাকৈয়ে যিকোনো দুৰ্নীতিগ্ৰস্ত ৰাজনীতিক আৰু আমোলাৰ বিৰুদ্ধে তদন্ত কৰাৰ ক্ষমতা থাকিব লোকপালৰ হাতত। শেহতীয়াকৈ নাগৰিক সমাজৰ প্ৰতিনিধিয়ে প্ৰস্তুত কৰি উলিওৱা জন লোকপাল বিলৰ খচৰাত কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত বিবেচনা কৰা হৈছে। ইয়াৰ কেইটামান হৈছে- লোকপাল থাকিব কেন্দ্ৰত আৰু প্ৰতিখন ৰাজ্যতে লোকায়ুক্ত থাকিব। উচ্চতম ন্যায়ালয় আৰু নিৰ্বাচন আয়োগৰ নিচিনাকৈ লোকপাল হ'ব সম্পূৰ্ণ স্বতন্ত্ৰ সংস্থা আৰু ইয়াত কোনো মন্ত্ৰী, আমোলা আৰু ৰাজনীতিকে হস্তক্ষেপ কৰিব নোৱাৰিব। দুৰ্নীতিগ্ৰস্ত লোকৰ বিৰুদ্ধে তদন্ত খৰতকীয়া হ'ব। লোকপালৰ সদস্যসকলৰ নিযুক্তি প্ৰক্ৰিয়া আৰু অপসাৰণ প্ৰক্ৰিয়াটো জড়িত থাকিব কেৱল জনতা। পটভূমি ১৯৬৮ চনত চতুৰ্থ লোকসভাত প্ৰথম বাৰৰ বাবে শান্তিভূষণে লোকপাল বিধেয়ক উত্থাপন কৰে। ১৯৬৯ চনত লোকসভাই এই বিধেয়ক অনুমোদন জনাইছিল যদিও ৰাজ্যসভাই ইয়াৰ বিৰোধিতা কৰে। তাৰ পিছত ১৯৭১, ১৯৭৭, ১৯৮৫, ১৯৮৯, ১৯৯৬, ১৯৯৮, ২০০১, ২০০৫, আৰু ২০০৮ চনতো এই বিধেয়ক সদনত উত্থাপন কৰা হৈছিল। কিন্তু এতিয়ালৈকে সদনত গৃহীত হোৱা নাই। ৪২ বছৰ ধৰি সদনত উলমি থকা বিধেয়কখন আইনত পৰিণত কৰাৰ বাবে ২০১১ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা গান্ধীবাদী নেতা আন্না হাজাৰেৰ নেতৃত্বত সত্যাগ্ৰহ আন্দোলন আৰম্ভ হয়। লোকপালৰ বিভিন্ন আসোৱাহসমূহ দূৰ কৰি ইয়াক জন লোকপাল কৰি তোলাৰ বাবে টীম আন্নাই গ্ৰহণ কৰা আন্দোলনৰ বাবেই শেষত পুনৰ বিধেয়কখন লোকসভাত উত্থাপন কৰাৰ বাবে চৰকাৰে বিবেচনা কৰে। লোকপালৰ চৰকাৰী খচৰাত কি আছে প্ৰধান মন্ত্ৰী আৰু শীৰ্ষ ন্যায়পালিকা, সংযুক্ত সচিব পৰ্যায়ৰ তলৰ বিষয়া বা কৰ্মচাৰীসকলক লোকপালৰ আওতাৰ বাহিৰত থাকিব। প্ৰধান মন্ত্ৰী পদ এৰাৰ পিছতহে তেওঁক লোকপালে সোধা-পোছা কৰিব পাৰিব। সংসদৰ ভিতৰত সাংসদৰ আচৰণক লোকপালৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। অধ্যক্ষৰ উপৰি লোকপালৰ ৮ গৰাকী সদস্য থাকিব। সদস্যসকলৰ ৫০ শতাংশই হ'ব ন্যায়পালিকাৰ। লোকপালৰ অধ্যক্ষৰূপে উচ্চতম ন্যায়ালয়ত কৰ্মৰত বা অৱসৰ গ্ৰহণ কৰা ন্যায়াধীশ বা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশকহে নিযুক্তি দিব পৰা হ'ব। ন্যায়াপালিকাৰ পৰা নিৰ্বাচিত সদস্যসকলৰ বাদে লোকপালৰ আন সদস্যসকলৰ সততা সৰ্বোচ্চ আৰু প্ৰশ্নাতীত হ'ব লাগিব। তেওঁলোক ২৫ বছৰীয়া ৰাজহুৱা জীৱনৰ হৈতে জড়িত থাকিব লাগিব। লোকপালৰ নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ ক্ষমতা থাকিব লাগিব। নিৰ্দিষ্ট সময়ৰ ভিতৰত তদন্ত সমাপ্ত হ'ব পৰাকৈ লোকপালৰ এটা স্বতন্ত্ৰ তদন্ত গোট থাকিব লাগিব। অপৰাধ সংঘটিত হোৱাৰ ৭ বছৰৰ পিছত অভিযোগ দিয়া কোনো বিষয়েই লোকপালে তদন্ত নকৰিব। জুডিচিয়েল ষ্টেণ্ডাৰ্ডছ এণ্ড একাউণ্টেবিলিটী বিল নামৰ এখন পৃথক বিধেয়কৰ দ্বাৰা ন্যায়িক দায়বদ্ধতা প্ৰদান কৰা হ'ব। প্ৰধান মন্ত্ৰী, লোকসভাৰ দুয়ো সদনৰ বিৰোধী দলপতিদ্বয়, লোকসভাৰ অধ্যক্ষ, ৰাজ্যসভাৰ সভাপতি, কেন্দ্ৰীয় কেবিনেটৰ এজন সদস্য, উচ্চতম ন্যায়ালয় আৰু যিকোনো উচ্চ ন্যায়ালয়ৰ কৰ্মৰত একোজনকৈ ন্যায়াধীশকলৈ গঠিত কমিটীয়ে লোকপালক নিযুক্তি দিব। লোকপালক ৰাষ্ট্ৰপতিয়ে মুখ্য ন্যায়াধীশলৈ দিয়া পৰামৰ্শ ভিত্তিতহে আঁতৰাব পাৰিব। মুখ্য ন্যায়াধীশে বিষয়টো চালি-জাৰি চাই পুনৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰাৰ পিছতহে ৰাষ্ট্ৰপতিয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। জন লোকপালৰ খচৰাত কি আছে লোকপালত অধ্যক্ষৰ উপৰিও অন্য দহগৰাকী সদস্য থাকিব, যিয়ে এই আইনৰ অধীনত কাৰ্যনিৰ্বাহ কৰিব। কোনো ধৰণৰ গোচৰত অভিযুক্ত নোহোৱা 45 বছৰৰ ওপৰৰ ভাৰতীয় ব্যক্তিক লোকপালৰ সদস্য পদ দিয়া হওক। অতি কমেও 4গৰাকী সদস্য ন্যায়পালিকাৰ অধীনত হ'ব লাগিব। প্ৰধান মন্ত্ৰী হ'ব লোকপালৰ সদস্য নিৰ্বাচন সমিতিৰ অধ্যক্ষ। এই নিৰ্বাচন সমিতিত থাকিব লোকসভাৰ বিৰোধী দলৰ নেতা, উচ্চতম ন্যায়ালয়ৰ দুগৰাকী ন্যায়াধীশ, উচ্চতম ন্যায়ালয়ে নিৰ্বাচন কৰা উচ্চ ন্যায়ালয়ৰ দুগৰাকী মুখ্য ন্যায়াধীশ, ইয়াৰো পৰি মুখ্য নিৰ্বাচনী আয়ুক্ত, লোকপালৰ পূৰ্বৰ অধ্যক্ষসকল। ইয়াৰে 5গৰাকী সদস্যক নিৰ্বাচন সমিতিয়ে নিৰ্বাচন কৰিব। তেওঁলোক প্ৰাক্তন মুখ্য ন্যায়াধীশ, প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু প্ৰাক্তন নিয়ন্ত্ৰক বা মহালেখকাৰ হ'ব। অৱশ্যে তেওঁলোকৰ কেৰিয়াৰত কোনো ধৰণৰ দাগ থাকিব নোৱাৰিব। অৱসৰৰ পিছত কোনো ৰাজনৈতিক দলৰ লগত জড়িত থাকিব নোৱাৰিব। লোকপালৰ আওতাত প্ৰধান মন্ত্ৰী, সকলো স্তৰৰ আমোলা আৰু শীৰ্ষ ন্যায়পালিকা থাকিব। অৱশ্যে লোকপালৰ 7জনীযা সদস্যৰ বিচাৰপীঠৰ অনুমতিৰ অবিহনে প্ৰধান মন্ত্ৰী আৰু মন্ত্ৰী মণ্ডলৰ কোনো সদস্য, উচ্চতম ন্যায়ালয় না উচ্চ ন্যায়ালয়ৰ কোনো ন্যায়াধীশ, সাংসদৰ সদস্যৰ বিৰুদ্ধে তদন্ত বা গোচৰ ৰুজু কৰিব নোৱাৰিব। সংসদত সাংসদৰ আচৰণ বিধেয়কৰ ভিতৰত থাকিব। লোকপালৰ বিচাৰ কৰাৰ আৰু ফ'ন টেপ কৰাৰ অধিকাৰ থাকিব। সকলো আমোলাই লোকপালৰ আওতাত থাকিব। চি বি আই সতৰ্কতা গোট আৰু কেন্দ্ৰীয় সতৰ্কতা আয়োগ লোকপালৰ সৈতে একীকৰণ। লোকপালক আঁতৰোৱাৰ বাবে সাধাৰণ জনতায়ো উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব পাৰিব। যিকোনো গোচৰৰ ক্ষেত্ৰত লোকপালৰ বিচাৰ কৰ্তৃপক্ষই ছয়মাহৰ ভিতৰত সিদ্ধান্ত দিব লাগিব। অৱশ্যে প্ৰয়োজ্ন হ'লে সময় সীমা 18 মাহলৈ বৃদ্ধি কৰিব পাৰিব। ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাসকলৰ সুৰক্ষা লোকপালে প্ৰদান কৰিব লাগিব। যদিহে ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে তথ্য প্ৰদান কৰা ব্যক্তিজনে বিচাৰে তেওঁ তথ্য গোপনে ৰখা হ'ব। দুৰ্নীতিত জড়িত যিকোনো ব্যক্তিৰ কাৰাবাসৰ ম্যাদ ন্যূনতম ছমাহ হ'ব লাগিব আৰু সেয়া হ'ব সশ্ৰম কাৰাদণ্ড। আনহাতে অপৰাধৰ প্ৰতি লক্ষ্য ৰাখি যাৱজ্জীৱন কাৰাদণ্ডৰো ব্যৱস্থা থাকিব। দুৰ্নীতিত জড়িত চৰকাৰী ব্যক্তিৰ সা-সম্পত্তি জব্দ কৰা হ'ব। আৰু তেওঁ বৃহত পৰিমাণৰ জৰিমনাও ভৰিব লাগিব। যদিহে কোনো কোম্পানী বা কোম্পানীৰ বিষয়া দুৰ্নীতিৰ সৈতে জড়িত হোৱাৰ প্ৰমাণ পোৱা যায় তেন্তে সেই কোম্পানী বা কোম্পানীৰ প্ৰম'টাৰৰ সৈতে জড়িত সকলো কোম্পানীক ব্লেক লিষ্টেড কৰা হ'ব। কোনো চৰকাৰী কামতে তেওঁলোকক সুযোগ দিয়া নহ'ব। ঠিকা-ঠুকুলীৰ পৰাও বঞ্চিত কৰা হ'ব। চৰকাৰ আৰু টীম আন্নাৰ (আন্না হাজাৰে) দাবীসমূহ তথ্য সংগ্ৰহ বাহ্যিক সংযোগ 2.3 ভাৰতৰ
61166
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%8B%E0%A6%A3%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%AE%20%E0%A6%AA%E0%A6%BE%E0%A6%9E%E0%A6%BE%E0%A6%82%20%E0%A6%95%E0%A6%9F%E0%A6%95%E0%A7%80
সোণাৰাম পাঞাং কটকী
সোণাৰাম পাঞাং কটকী (১৮৮৫ ২০ অক্টোবৰ ১৯৫২) এগৰাকী মিচিং জনগোষ্ঠীৰ বুৰঞ্জী প্ৰণেতা, সাহিত্যিক, সমাজ কৰ্মী, শিক্ষানুৰাগী ব্যক্তি। জন্ম আৰু পৰিচয় লক্ষ্মীমপুৰ জিলাৰ ঢকুৱাখানা মহকুমাৰ উভটামুখ মিচিং গাঁৱত ১৮৮৫ চনৰ অক্টোবৰ মাহৰ পূৰ্ণিমাৰ দিনা পাঞাং কটকীৰ জন্ম। পিতৃ কাৰবাং পাঞাং আৰু মাতৃ আঙনী পাঞাঙৰ কেইবাগৰাকী পুত্ৰৰ ভিতৰত সোণাৰাম পাঞাং কটকী আছিল আটাইতকৈ কনিষ্ঠ। পিতৃ কাৰবাং পায়াং আধ্যাত্মিক ধ্যান-ধাৰণাৰে পুষ্ট এগৰাকী প্ৰগতিবাদী লোক আছিল। সোণাৰাম পাঞাং কটকীয়ে চিলা পথাৰৰ চামকাং মিচিং গাৱঁৰ মাজনী তায়েঙক বিয়া কৰায়। তেওঁলোকৰ ৪ গৰাকী ছোৱালী আৰু এগৰাকী পুত্ৰ। ১৯৫০ চনৰ প্ৰলয়ংকাৰী ভূমিকম্পত তেওঁৰ সৰ্বস্ব হেৰুৱাই ওভতামুখ মিচিং গাঁও এৰি অস্থায়ী ভাৱে বৰ্তমান যোৰহাট জিলাৰ গন্ধিয়া মিচিং গাৱঁত আশ্ৰয় লয়। ১৯৫২ চনৰ ২০ অক্টোবৰত গন্ধিয়া মিচিং গাঁৱত তেওঁৰ মৃত্যু হয়। বিভিন্ন পাহাৰীয়া ভাষা-ভাষী আৰু ব্ৰিটিছ চৰকাৰৰ মাজত মধ্যস্থতাকাৰী কথাৰ বিনিময় কৰ্ম আগবঢ়োৱাৰ বাবে ব্ৰিটিছে তেওঁক কটকী উপাধিটো সম্ভৱ প্ৰদান কৰিছিল। শিক্ষা উভটামুখ অয়েঙীযা মিচিং গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত সোণাৰাম পাঞাং কটকীক ১০ (দহ) বছৰ বয়সত নাম ভৰ্তি কৰে। সৰুকালৰ পৰা পাঞাং কটকীয়ে মেধাবী ছাত্ৰ হিচাপে পৰিচয় দাঙি ধৰে। তেওঁ ১৯০১ চনত প্ৰাথমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ ক্নগগতে বৃত্তিও লাভ কৰে। কিন্তু সেই ঠাইত উচ্চশিক্ষানুষ্ঠান নথকাৰ ফলত সোণাৰাম পাঞাং কটকীয়ে লক্ষ্মীমপুৰ মধ্য ইংৰাজী বিদ্যালয়ত নাম ভৰ্তি হয়। ১৯০৪ চনত মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ উপৰি বৃত্তিও লাভ কৰে। পিছত হাইস্কুলত নাম ভাৰ্তি কৰিবলৈ ডিব্ৰুগড়লৈ যায়। ১৯০৪ চনত পাঞাং কটকীক সপ্তম মান শ্ৰেণীত নাম ভৰ্তি কৰে। কিন্তু ১৯০৬ চনত নৱম মান শ্ৰেণীত পঢ়ি থাকোত গোটেই লক্ষ্মীমপুৰ জিলাত ‘কলেৰা’ বেমাৰে ভয়াবহ ৰূপ ধাৰণ কৰাত কাৰবাং পাঞাঙৰ পৰিয়ালৰ চাৰিজনৰ বাহিৰে সকলোৰে মৃত্যু হয়। এনে প্ৰতিকূল পৰিস্থিতিত সোণাৰাম পাঞাং কটকীৰ পঢ়া ইমানতে সামৰণি পৰে। সামাজিক কামকাজ পাঞাং কটকীৰ উচ্চ শিক্ষা লাভ নহলেও তেওঁৰ সাহস, মনোবল তথা আত্মবিশ্বাস অটুত আছিল। তেওঁ সংস্কাৰসুখী কৰ্মৰে মিচিং সমাজখনক আধ্যাত্মিক আৰু বৌদ্ধিক দিশত উত্তৰণ ঘটাবলৈ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাত ব্ৰতী হয়। ১৯৩৯ চনত তেওঁ ঢকুৱাখানাৰ বগৰিগুৰি মিচিং গাঁৱত এখন প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰে আৰু নিজেও শিক্ষাদানত ব্ৰতী হয়। পিতৃ কাৰবাং পাঞাঙৰ পৰা লাভ কৰা আধ্যাত্মিক ধ্যান ধাৰণাৰে অনুপ্ৰাণিত হৈ পাঞাং কটকীয়েও বিশ্বাস কৰিছিল যে আধ্যাত্মিক ধ্যান-ধাৰণাইহে মানৱ সমাজক সুখ-শান্তি শৃংশলাৰে পৰিচালিত কৰে। সেয়ে বগৰিগুৰি মিচিং গাৱঁত এটি ‘নামঘৰ’ প্ৰতিষ্ঠা কৰি মিচিং সমাজত বৈষ্ণৱ ধৰ্মৰ জৰিয়তে আধ্যাত্মিক তথা বৌদ্ধিক দিশত উত্তৰণ ঘটাবলৈ প্ৰচেষ্টা চলায়। পাঞাং কটকীয়ে বগৰিগুৰিৰ পাছত লাইমেকুৰী, মেচাকি চাপৰি আদি ঠাইৰ মিচিং মানুহৰ মাজত শিক্ষা আৰু আধ্যত্মিকতাৰ প্ৰচাৰৰ বাবে উঠিপৰি লাগে। শিক্ষাৰ পোহৰ নপৰা অতি পিছ পৰা মেচাকি চাপৰিত ১৯১৩ চনত এখন প্ৰাইমেৰী স্কুল প্ৰতিষ্ঠা কৰি নিজেও শিক্ষাদান কৰিছিল। ইয়াৰ উপৰি তেওঁৰ মেচাকি চাপৰিত নামঘৰ, পুথিভঁৰাল আৰু মুৰংঘৰ আদি প্ৰতিষ্ঠা কৰে। পাঞাং কটকীৰ সংস্কাৰমুখী কৰ্মৰাজিয়ে বহুতো নিৰক্ষৰ মিচিং মানুহৰ চকু মেল খুৱালে আৰু ধৰ্ম- শিক্ষা আদিত ব্ৰতী হ'বলৈ ধৰিলে। কেতিয়াবা কেতিয়াবা সভা-সমিতি পাতি শিক্ষা-দীক্ষা আৰু আধ্যাত্মিক প্ৰগতিবাদী চিন্তাধাৰাই সামাজিক, অৰ্থনৈতিক তথা সাংস্কৃতিক উন্নতিত মানুহৰ প্ৰমূল্যবোধৰ শিক্ষা আৰু সমাজ জীৱনৰ লগত খোজ মিলাই আগুৱাই যাবলৈ মিচিং সমাজক আহ্বান জনায়। ব্যৱসায় মিচিং মানুহৰ মাজত আৰ্থিক উন্নতি সাধনৰ পথ প্ৰশস্ত কৰি তোলাৰ উদ্দেশ্যে এখন সমবায় সমিতি গঠন কৰে। সেই সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চিচিমুখত ‘চিচি-শ্ব-মিল’ বা ‘চিচিকল ঘৰ’ প্ৰতিষ্ঠা কৰিছিল। কটকীয়ে ইয়াত কাঠৰ যোগান ধৰা ঠিকা লয়। পিচত এই কাম সমবায় সমিতিক গটাই দি পাঞাং কটকীয়ে পুনৰ অন্য এটা বনৌষধি ব্যৱসায় প্ৰতিষ্ঠা কৰে। পাহাৰৰ পৰা বিভিন্ন বনৌষধি গছৰ বাকলি, শিপা, আৰু গছৰ পাত গোটই এবিধ চালৰ বেমাৰৰ বনৌবধি তৈয়াৰ কৰি ব্যৱসায় আৰম্ভ কৰে। এই ব্যৱসায়ো বাদ দি তেওঁ বেতৰ যোগান ধৰাৰ ঠিকা লৈছিল। ধেমাজিৰ পৰা বেত ডিব্ৰুগড়লৈ যোগান ধৰিছিল। বুৰঞ্জী প্ৰণেতা পায়েং কটকী সোণাৰাম পাঞাং কটকী “মিৰি জাতিৰ বুৰঞ্জী” লিখক হিচাপেহে মিচিং সমাজত সৰ্বজ্ঞাত। তেওঁৰ সেই সময়ত আক্ষেপ আছিল যে কোনো বুৰঞ্জী পুথিত মিৰি জাতিৰ ইতিবৃত্তৰ তথ্য নাছিল। সেয়ে তেওঁ মিচিং জনজীৱনৰ ইতিবৃত্তৰ প্ৰণয়ণৰ ৰাবে সংকল্পবদ্ধ হয় আৰু বুৰঞ্জীৰ সমল বিচৰাত ব্ৰতী হয়। মিচিং জাতিৰ বুৰঞ্জী প্ৰণয়ন কৰিবলৈ আবৰ পাহাৰ, ডফলা পাহাৰ তথা উত্তৰ-পূৰ্বাঞ্চল (নেফা) ভ্ৰমণ কৰিবলৈ পৰিকল্পনা প্ৰস্তুত কৰে। তেওঁ ১৯২১ চনৰ জানুৱাৰী মাহত যাত্ৰা আৰম্ভ কৰি ফেব্ৰুৱাৰী মাহত মিৰি পাহাৰত উপস্থিত হয়। এই অঞ্চলৰ জ্ঞানী লোকসকলৰ পৰা মিৰি জাতি-উপজাতি, বংশ পৰিচয় তথা আত্মীয় কুটুম্বৰ ইতিবৃত্তৰ সমল আহৰণ কৰে। ১৯২২ চনত তেওঁ মুনহি পাহাৰলৈ যায় আৰু এই পাহাৰত ১০/২০ খমমান ঠাইত ছমাহ কাল ভ্ৰমণ কৰি সোতৰশ আৰু ওঠৰশ শতিকাৰ লিখিত অলিখিত শ্ৰুতিমূলক বুৰঞ্জী তথ্যৰ সমল লাভ কৰে। ১৯২২ চনৰ জুলাই মাহত পুনৰ যাত্ৰা আৰম্ভ কৰি ডামাপাহাৰৰ ডা্ৰ, কিংগিন, বেলেন, শ্ৰিয়া ইয়াং কিয়াং আৰু বুলিম আদি বৃহৎ গাঁওবোৰত উপস্থিত হয়গৈ। বিভিন্ন লোকৰ পৰা মিচিং বংশাৱলীৰ উৎপত্তিৰ তথ্য আহৰণ কৰে। ১৯২৩ চনতো কিছুমান তথ্যভিজ্ঞ ‘গামক’ লগত লৈ মেৰা পাহাৰ পায়গৈ তাত থকা চিলক, বাৰধি, অয়াং, ৰাণা চিয়াকামা, নামচিং, ৰীয়া আৰু শদিয়াৰ গাঁওবোৰ পৰিভ্ৰমণ কৰি বুৰঞ্জীৰ সমল আহৰণ কৰে। এনেদৰে পাঞাং কটকীয়ে মিৰি জাতিৰ বুৰঞ্জী প্ৰণয়নৰ সন্দৰ্ভত ১৩ বছৰ কাল পাহাৰে ভৈয়ামে অধ্যয়ন চলায়। তেওঁৰ ‘মিৰি জাতিৰ বুৰঞ্জীখনৰ পাতনিমতে বুৰঞ্জীখন ১৯৩৫ চনত প্ৰকাশ কৰে। মিৰি জাতিৰ বুৰঞ্জীখন মিচিং জনজীৱনৰ এক দলিল বা মাইলৰখুটি। ইয়াত মিৰি বা মিচিং জাতিক ভালকৈ প্ৰতিফলিত কৰিছে। তেওঁ বুৰঞ্জীখনত ত্ৰয়োবিংশটা অধ্যায় আছে। মিচিং বা মিৰিসকল বৰ আৱৰৰ বংশোদ্ভৱ। সেয়ে প্ৰথম অধ্যায়ৰ পৰা ষষ্ঠ অধ্যায়লৈ পাহৰত থকা কালছোৱাৰ বিবৰণ দিয়া আছে। ইয়াত মিৰি দেশৰ সীমা-ৰেখা, বিভিন্ন বৰ আৱৰৰ খেল বা ঠাল, বংশ, সাজপাৰ, বিবাহ প্ৰথা, খোৱাবোৱা প্ৰণালী উল্লেখ কৰা আছে। তদুপৰি বৰ আৱৰৰ লগত মিৰি বা মিচিং জাতিৰ সামাজিক ধৰ্ম-কৰ্ম, ৰীতি-নীতিৰ কথা উল্লেখ আছে। চুটীয়া ৰজা, আহোম ৰজা আৰু ব্ৰিটিছৰ লগত সঘনাই হোৱা যুদ্ধৰ কথাও বৰ্ণনা কৰা আছে। আনহাতে সপ্তম অধ্যায়ৰ পৰা এয়োবিংশ অধ্যায়লৈ মিৰি সকল পাহাৰৰ পৰা ভৈয়ামলৈ নামি অহা আৰু ইয়াত থিতাপি লোৱা বিস্তৃত বিৱৰণ দাঙি ধৰিছে। সপ্তম অধ্যায়ত মিৰি বা মিচিঙৰ বসতিৰ সীমা এই দৰে নিৰ্ণয় কৰিছে- “এইফালে শদিয়াৰ পৰা সীমা কৰি তেজপুৰলৈকে ব্ৰহ্মপুত্ৰৰ দুই পাৰে, আনফালে সোৱণশিৰি উজনিৰ পৰা ভটিয়াই ধনশিৰীলৈকে আৰু খেৰকটীয়া ৰঙানদীৰ মুখলৈকে মিৰিসকল জুৰি আছে।” তদুপৰি লোকসংখ্যা গা-খাজনা, অতীতৰ ‘গাম'ৰ পৰা গাঁওবুঢ়া হোৱা, মানৰ লগত ৰণ আৰু অসমীয়া হিন্দু মিৰি জাতিলৈ ৰূপান্তৰ হোৱা কথা মিৰি জাতিৰ বুৰঞ্জীত লিপিবদ্ধ কৰা আছে। তদুপৰি মিৰি সকলে মহাপুৰুষীয়া গুৰুত শৰণ লোৱা কথা কালসঙ্গতি ধৰ্মমতে ‘ৰাতিখোৱা’ সকাম কৰা কথাও উল্লেখ আছে। উল্লেখযোগ্য যে মিচিংসকলৰ প্ৰচলিত মত এই পৃথিবীত থকা চেতন-অবচেতন সকলোকে চেদিমেলংএ শ্ৰজিলে এই কথাষাৰ তেওঁৰ বুৰঞ্জীত উল্লেখ আছে। চেদিমেলং মানে জগতৰ পুৰুষ-প্ৰকৃতি। বুৰঞ্জীখনত মিচিং জাতিৰ বিভিন্ন বংশাৱলী দেখুৱা হৈছে। লগতে কোন বংশ, ঠাল, খেলৰ কি ‘গোত্ৰ’ তথা মিচিঙৰ সামাজিক প্ৰথামতে একে গোত্ৰৰ মাজত বিয়াবাৰু নিষেধ ইত্যাদি লিপিবদ্ধ কৰা আছে। মিচিঙৰ সাজপাৰ, বিহু, সকাম নিকাম, ধৰ্ম্ম-কৰ্ম আদি আধ্যাত্মিক ধ্যান-ধাৰণাৰ কথা লিপিবদ্ধ কৰা আছে। তদুপৰি মিচিং সকলক সম্পূৰ্ণ কৃষিজীৱী জাতি হিচাপে বুৰঞ্জীখনত চিহ্নিত কৰিছে আৰু কৃষি উৎপাদনেই মিচিঙ সকলৰ আৰ্থিক দিশৰ মাইলৰ খুঁটি বুলি উল্লেখ কৰিছে। মুঠতে মিৰি জাতিৰ বুৰঞ্জীখন অতীত মিচিঙৰ সামাজিক, শিক্ষা, ৰাজনৈতিক, অৰ্থনৈতিক, কৃষি-সংস্কৃতি, ভাষা ধৰ্ম-কৰ্মৰ কথা লিপিবদ্ধ কৰা এক ঐতিসাহিক দলিল। সাহিত্যকৰ্ম সোণাৰাম পাঞাং কটকী এজন সাহিত্যিকো আছিল। তেওঁ ‘মিৰি দুৱান’ নামেৰে মিচিং-অসমীয়া-ইংৰাজী শব্দকোষ এখন প্ৰণয়ন কৰিছিল। এইখন মিচিং ভাষাৰ প্ৰথম শব্দকোষ আৰু ১৯১৫ চনত প্ৰকাশ হৈ ওলায়। মিচিং ঐনিতম’ নামেৰে অন্য এখন পাণ্ডুলিপি প্ৰস্তুত কৰিছিল। তদুপৰি তেওঁ “মান পৰাজয়” নামৰ গ্ৰন্থ এখনো প্ৰস্তুত কৰিছিল। এই গ্ৰন্থখনত বুৰঞ্জীৰ বহু সমল লিপিবদ্ধ কৰা বুলি বহুতে মন্তব্য কৰে। অৱশ্যে এই দুয়োখন গ্ৰন্থ প্ৰকাশ কৰিব নোৱাৰা মনৰ দুখৰ কথা তেওঁৰ বিষয়ে আলোচনা কৰাসকলে প্ৰায়ে উল্লেখ কৰিছে। তথ্য সংগ্ৰহ অসমৰ ব্যক্তি মৃত ব্যক্তি মিচিং জনগোষ্ঠীৰ ব্যক্তি অসমীয়া সাহিত্যিক অসমীয়া বুৰঞ্জীবিদ অসমৰ
51521
https://as.wikipedia.org/wiki/%E0%A6%A6%E0%A7%80%E0%A6%AA%E0%A6%BF%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A7%B0%E0%A6%97%E0%A7%8B%E0%A6%B9%E0%A6%BE%E0%A6%81%E0%A6%87
দীপিকা বৰগোহাঁই
দীপিকা বৰগোহাঁই জন্ম: ১৯৩২) এগৰাকী প্ৰবন্ধকাৰ, সমালোচক, অধ্যাপক। তেওঁ দেৱীচৰণ বৰুৱা বালিকা বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ আৰম্ভ কৰি ১৯৬২ চনত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত দৰ্শন বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে। তেওঁৰ লেখাত যুক্তিনিষ্ঠ বিশ্লেষণ আৰু ধৰ্মনিৰপেক্ষতা অন্যতম বৈশিষ্ট্য। 'বিশ্বাস অবিশ্বাস অন্ধবিশ্বাস' তেওঁৰ বহুল সমাদৃত গ্ৰন্থ। জন্ম আৰু বংশ পৰিচয় দীপিকা বৰগোহাঁইৰ জন্ম ১৯৩২ চনৰ ৩০ জুলাইত যোৰহাটত। পিতৃ যোগেশ গগৈ আৰু মাতৃ ঘণকান্তি বুঢ়াগোহাঁই। ১৯৫৮ চনত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ যোগানন্দ বৰগোহাঁইৰ লগত বিবাহ পাশত আৱদ্ধ হয়। শিক্ষা আৰু কৰ্মজীৱন যোৰহাটতে শিক্ষা জীৱন আৰম্ভ কৰি ১৯৫১ চনত তেখেতে জে বি কলেজৰ পৰা স্নাতক ডিগ্ৰী আৰু ১৯৫৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। দেৱীচৰণ বৰুৱা বালিকা বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ আৰম্ভ কৰি তেখেতে ১৯৬২ চনত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত দৰ্শন বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে। ৩০ বছৰ অধ্যাপনা কৰি অৱসৰ গ্ৰহণ কৰে ১৯৯২ চনত। বিবাহসূত্ৰে লখিমপুৰৰ বোৱাৰী,সুলেখিকা আৰু এগৰাকী যুক্তিবাদী নাৰীৰূপে দীপিকা বৰগোহাঁই সমাজত প্ৰসিদ্ধ আৰু সমাদৃত। অসম বাণী, আমাৰ অসম, প্ৰান্তিক, সাতসৰী আদি কাকত-আলোচনীত তেখেতৰ মূল্যৱান প্ৰবন্ধ প্ৰকাশিত হৈছে। ১৯৬৬ চনত তেখেতৰ প্ৰথমখন গ্ৰন্থ ‘আজৰি পৰৰ সাধু (লয়াৰ্চ বুক ষ্টল) প্ৰকাশ পায়। একে বছৰতে নিৰ্মলা বৰাৰ সৈতে যুতীয়াভাৱে সমাজ বিজ্ঞান’ (অসম বুক ডিপো) প্ৰকাশ হয়। সাহিত্যকৰ্ম আজৰি পৰৰ সাধু (লয়াৰ্চ বুক ষ্টল, ১৯৬৬) সমাজ বিজ্ঞান’ (অসম বুক ডিপো, ১৯৬৬) পৃথিৱীৰ সমান্তৰাল সাধুকথা (চন্দ্ৰ প্ৰকাশ, ২০০০) জীৱনৰ স্বৰূপ’, (ষ্টুডেণ্ট গুচ, ২০০৮) বিশ্বাস অবিশ্বাস অন্ধবিশ্বাস (নৰ্থ লখিমপুৰ মহাবিদ্যালয় প্ৰকাশন, ২০১৫) ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ আঁৰৰ তিনিগৰাকী ব্যক্তি (নৰ্থ লখিমপুৰ মহাবিদ্যালয় প্ৰকাশন, ২০১৭)। প্ৰকাশিত গ্ৰন্থকেইখনৰ চমু পৰিচয় জীৱনৰ স্বৰূপ দীপিকা বৰগোহাঁইৰ চিন্তামূলক প্ৰবন্ধৰ প্ৰথমখন গ্ৰন্থ হল “জীৱনৰ স্বৰূপ। গ্ৰন্থখনক হোমেন বৰগোহাঞিয়ে অসমীয়া চিন্তামূলক সাহিত্যৰ এটা 'মূল্যৱান সম্পদ' বুলি উল্লেখ কৰি গৈছে। লগতে এইবুলিও উল্লেখ কৰিছে যে-“এটা বিশেষ উদ্দেশ্য চকুৰ আগত ৰাখি লেখিকাই এই প্ৰবন্ধবোৰ লিখিছে। সেইটো হৈছে এই যে তেওঁ জীৱনটোক-মানৱিক সম্পৰ্ক আৰু সমস্যাক সূক্ষ্মভাৱে পৰীক্ষা কৰি চাব খুজিছে, আৰু সেই পৰীক্ষালব্ধ জ্ঞানৰ ভাগ তেওঁ আনকো দিব খুজিছে। অসমীয়া ভাষাত এনে চিন্তামূলক প্ৰবন্ধ লিখা লেখকৰ সংখ্যা অতি তাকৰ। তেনে লেখকৰ চুটি তালিকাখনত বিশেষভাৱে চিহ্নিত হোৱাৰ যোগ্য এগৰাকী লেখক হ’ল দীপিকা বৰগোহাঁই। তাৰ প্ৰমাণ এই গ্ৰন্থখন।”(মুখবন্ধ, জীৱনৰ স্বৰূপ) গ্ৰন্থখনত ২২টা প্ৰবন্ধ সন্নিবিষ্ট কৰা হৈছে। আটাইবোৰ প্ৰবন্ধই অভিজ্ঞতাসম্বলিত। কাকতত প্ৰকাশিত প্ৰবন্ধই সময় বাগৰাৰ লগে লগে প্ৰাসংগিকতা হেৰুওৱা যি চৰিত্ৰ,সেয়া আলোচ্য গ্ৰন্থখনৰ লগত নাই। জীৱন বিষয়ক বিভিন্ন দিশ কিছুমানক প্ৰবন্ধবোৰৰ মাজেৰে বিশ্লেষণাত্মকভাৱে চোৱা হৈছে। ‘আধুনিক জীৱনধাৰা’, ‘জীৱনৰ স্বৰূপ’, ‘সক্ৰিয় পৰিয়াল’, ‘সামাজিক শৃংখলা আৰু পাৰিবাৰিক শান্তি’, ‘সৌজন্যবোধ শালিনতা আৰু অনুকম্পা’, ‘চাৰিত্ৰিক অখণ্ডতা ইনটিগ্ৰিটী অভ কেৰেটাৰ আদি বিশেষভাৱে উল্লেখযোগ্য প্ৰবন্ধ। অৰ্থনৈতিক, পাৰিবাৰিক জীৱনকে ধৰি সামাজিক জীৱনক প্ৰভাৱিত কৰি ৰখা তিনিটা বিশেষ ধাৰণাৰ বিষয়ে আধুনিক জীৱনধাৰা’ প্ৰবন্ধত আলোচনা কৰা হৈছে। কল্যাণবাদৰ সলনি ভোগ আৰু প্ৰতিষ্ঠাৰ লালসাক প্ৰশ্ৰয়। দিয়াৰ মানসিকতা, বিলাসিতা আৰু পাৰিবাৰিক সম্পৰ্কত আহি পৰা অদ্ভুত নতুনত্বৰ প্ৰসংগ প্ৰবন্ধটোৰ আধাৰ বিষয়। এটা সমৃদ্ধ আৰু সুখী পৰিয়ালৰ ক্ষেত্ৰত ধৰণৰ কাৰবোৰ গুৰুত্বপূৰ্ণ, সেয়া সক্ৰিয় বয়াল’ প্ৰবন্ধ লিখা হৈছে। সময় আৰু সমাজৰ পৰিবৰ্তনৰ লগে লগে সংস্কাৰ আৰু পৰম্পৰাবোৰ সলনি হৈছে ঠিকেই। কিন্তু এইবোৰে আনি দিয়া কোনো যুক্তিসংগত পৰিবৰ্তনকে সামাজিক শৃংখলা বজাই ৰখাত মানি লোৱা হোৱা নাই। সামাজিক শৃংখলা আৰু পাৰিবাৰিক শান্তি’ প্ৰবন্ধত এনে বিষয় সম্পৰ্কত আলোচনা কৰা হৈছে। নিজস্ব দৃষ্টিভঙ্গীৰে নাৰীৰ শালিনতা সম্পৰ্কে অভিজ্ঞতাৰ আধাৰাত ‘সৌজন্যবোধ, শালীনতা আৰু অনুকম্পা’ প্ৰবন্ধটো ৰচনা কৰা হৈছে। চাৰিত্ৰ বিষয়ক প্ৰবন্ধটোত কোৱা। হৈছে যে—চাৰিত্ৰিক অখণ্ডতাৰ প্ৰথম পাঠ আৰম্ভ হয় ঘৰখনত। বিশ্বাস বা প্ৰত্যয়, আনৰ গুণৰ স্বীকৃতি আৰু সততাই হৈছে চাৰিত্ৰিক অখণ্ডতাৰ মূল তিনিটা লক্ষণ। দীপিকা বৰগোহাই দৰ্শন বিষয়ৰ অধ্যাপক। সেয়ে অৱধাৰিতভাৱেই তেখেতৰ জীৱনৰ স্বৰূপ। গ্ৰন্থখনৰ প্ৰবন্ধবোৰত দাৰ্শিনিক দৃষ্টিভঙ্গীযুক্ত হৈ পৰিছে। ব্যক্তিগত পৰ্যবেক্ষণ আৰু অভিজ্ঞতাৰ আধাৰত সমসাময়িক অনেক প্ৰসংগ প্ৰবন্ধবোৰৰ মাজেৰে বিচাৰ কৰা হৈছে। বিশ্বাস অবিশ্বাস অন্ধবিশ্বাস 'বিশ্বাস অবিশ্বাস অন্ধবিশ্বাস’ যুক্তিপূৰ্ণ প্ৰবন্ধৰ এক গুৰুত্বপূৰ্ণ সংকলন। গ্ৰন্থখনত বৰগোহাঁইৰ ৫০টা প্ৰবন্ধ সংকলিত হৈছে। গ্ৰন্থখনৰ কেইবাটাও প্ৰবন্ধত অৱধাৰিতভাৱে আহি পৰা বিষয় হ’ল ধৰ্ম। ধৰ্ম নৈতিকতা নহয়’ গ্ৰন্থখনৰ এটা প্ৰবন্ধ। ধৰ্ম আৰু নৈতিকতাক বহু সময়ত একাকাৰ কৰাৰ চেষ্টা কৰা হয়। ধৰ্ম বিষয়ক অনেক বদ্ধমূল ধাৰণাই সমাজৰ উত্তৰণত বাধা দি আহিছে। ধৰ্মীয় আবেষ্টনীয়ে নীতিভিত্তিক সমাজক আঁতৰাই ৰখাৰ চেষ্টা কৰে। আক্টোৰগোজ, কতৃত্বশীল মনোভাৱক ধৰ্মই দি আহিছে। জাতি, সম্প্ৰদায়, বৰ্ণৰ বিভাজন ধৰ্মীয় চেতনাৰেই পাৰ্শ্বক্ৰীয়া। ধৰ্মই বাস্তৱ পৃথিৱীৰ কথা নকয়, কয় পৰজনমৰ কথা। মানৱীয় সম্পৰ্কবোৰ সাৰহীন বুলি ভাবিবলৈ সদায় শিকাই আহিছে। ধৰ্মৰ প্ৰৰোচনাত মানুহ অন্ধবিশ্বাসী হয়। হিন্দু ধৰ্মৰো অনেক ৰীতি-পৰম্পৰা মানৱীয় নহয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আশীৰ্বাদত দেশ ইতিমধ্যে বহুদূৰ আগুৱাই গৈছে। নিজক যুগোপযোগী কৰি ৰাখিবলৈ বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ প্ৰয়োজন আছে। দেশ বিভাজন আৰু জাতিৰ পিতাৰ মৃত্যুৰ কাৰণো আছিল ধৰ্ম। ধৰ্ম বা ঈশ্বৰৰ ভয়ত সৎ হৈ থকাটোৱে নৈতিকতাক নুবুজায়। ধৰ্ম নৈতিকতা নহয়’ প্ৰবন্ধত তাকেই কোৱা হৈছে। বিশ্বাস অবিশ্বাস অন্ধবিশ্বাস’আন এটা শক্তিশালী প্ৰবন্ধ। বিশ্বাস কৰি অহা হৈছে কাৰণেই যিবোৰ বিশ্বাস কৰা হয়, যি বিশ্বাসে কাৰো মঙ্গল সাধন নকৰে, সেয়াই হল অন্ধবিশ্বাস। কৰ্মফল বিষয়ক পৰম্পৰাগত ধাৰণাই মানুহক। অন্ধবিশ্বাসী কৰি ৰখাৰ প্ৰসংগ আলোচনা কৰা হৈছে ‘ধৰ্ম বা ঈশ্বৰে মানুহকৰক্ষা কৰেনে’প্ৰবন্ধত। ধৰ্মীয় ৰীতি-নীতি মানুহৰ কাৰণে কেনেকৈ অমানৱীয় হ'ব পাৰে, সেয়া উদাহৰণেৰে সৈতে প্ৰবন্ধটোত দেখুওৱা হৈছে। ধৰ্মৰ আধ্যাত্মিকীকৰণ’ প্ৰবন্ধত আধ্যাত্মিকতা আৰু ধৰ্ম বিষয়ক স্পষ্ট ধাৰণা দিয়াৰ চেষ্টা আছে। সময়ৰ ওচৰত যিহেতু সদায় মানৱতাৰেই জয় হৈ আহিছে, সেই প্ৰসংগত লেখকৰ বক্তব্য মন কৰিবলগীয়া- “পৃথিৱীৰ ধৰ্মসমূহ আৰম্ভ হোৱাৰ পৰাই যিমান মঠ-মন্দিৰ মছজিদ, গীৰ্জা বনোৱা হ'ল, যিমান ধৰ্মবাণী শুনোৱা হ'ল, অতদিনে পৃথিৱীখন স্বৰ্গই হৈ পৰিব লাগিছিল। কিন্তু হোৱা নাই, কিয়? ইয়াৰ উত্তৰ বিচাৰি চাব লাগিব আমাৰ স্বভাৱত, আমি বনোৱা ব্যৱস্থাৱলীত। ধৰ্মও আমাৰেই সৃষ্টি। ইমানদিনৰ ব্যৱস্থাৱলীয়ে যদি আমাক ধাৰ্মিক বনাব পৰা নাই, আমাৰ আদিম হিংস্ৰ প্ৰবৃত্তিটোক যদি এটা ভাল মোৰ দিব পৰা নাই, তেন্তে এইবাৰ বিজ্ঞানসন্মত বিশ্বজনীন মানৱতাবাদেৰে চেষ্টা এটা চলোৱাত আপত্তি কি?”(পৃষ্ঠা-১০১)। লেখকে উল্লেখ কৰা “বিশ্বজনীন মানৱতাবাদ’ৰতাৎপৰ্য অনুধাৱন কৰাৰ প্ৰয়োজন আছে। ধৰ্মৰ অনেক নেতিবাচক দিশ আলোচনা কৰিলেও লেখকে ধমক সমাজৰ পৰা সমুলি উভালি পেলাব লাগে, সেয়াও কোৱা নাই। ধৰ্মৰ ক্ষেত্ৰত সংস্কাৰৰ কথাহে কৈছে। এই সংস্কাৰ হ'ব লাগিব মানৱতাৰ পক্ষে। সমাজৰ উত্তৰণৰ পক্ষে। আচলতে প্ৰতিটো চিন্তা আৰু কামৰে সমাজ উপযোগী ব্যাখ্যাইহে সকলোপ্ৰকাৰৰ উত্তৰণ সম্ভৱ কৰি তোলে। ধৰ্মীয় গোড়ামি আৰু সন্ত্ৰাসবাদ’ প্ৰবন্ধত তেনে আলোচনা আছে। ‘ধৰ্মীয় অসহিষ্ণুতা আৰু নাৰী সমাজ’ আন এটা এই বিষয়ক গুৰুত্বপূৰ্ণ প্ৰবন্ধ। ঈশ্বৰক আলোচ্য বিষয় কৰি লোৱা দুটা প্ৰবন্ধ হ’ল ‘আমাৰ ঈশ্বৰ' আৰু 'ঈশ্বৰৰ ভৱিষ্যৎ'। গ্ৰন্থখনৰ প্ৰথমৰ কেইবাটাও প্ৰবন্ধ জীৱন বিষয়ক। অভিজ্ঞতা আৰু নিজা দৃষ্টিভঙ্গীক অৱলম্বন কৰি লিখা প্ৰবন্ধকেইটাৰ মাজেৰে লেখক জীৱনবোধকো অনুভৱ কৰিব পৰা গৈছে। ভাৰতীয় ধৰ্ম নিৰপেক্ষতাৰ আঁৰৰ তিনিগৰাকী ব্যক্তি দীপিকা বৰগোহাঁইৰ আন এখন উল্লেখযোগ্য গ্ৰন্থ হল- ‘ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ আঁৰৰ তিনিগৰাকী ব্যক্তি’। গ্ৰন্থখনৰ আলোচ্য বিষয় আধাৰিত ব্যক্তি তিনিগৰাকী হ’ল সম্ৰাট অশোক, মহামতী আকবৰ আৰু মহাত্মা গান্ধী। তিনিওগৰাকী ব্যক্তিৰ চিন্তা আৰু কৰ্মৰ দৃষ্টিৰে ধৰ্ম নিৰপেক্ষতা বিষয়টোক চোৱা হৈছে। তিনিওগৰাকী ব্যক্তিৰ চিন্তাত ধৰ্ম নিৰপেক্ষতাৰ শক্তিশালী প্ৰতিফলন আছে। ভাৰত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। গণতন্ত্ৰৰ লগত গণ আলোচনাৰ বিষয়টো জড়িত হৈ আছে। ভাৰতত গণ আলোচনাৰ প্ৰয়োগ বৌদ্ধসকলে বিশেষভাৱে কৰিছিল। তাৰ প্ৰতি তেওঁলোক দায়বদ্ধও আছিল। সম্ৰাট অশোক। আছিল এনেগণ আন্দোলনক গুৰুত্ব দিয়া ভাৰতীয় উপমহাদেশ। এক বৃহৎ অংশৰ নৃপতি। পৰবৰ্তী সময়ত গণ আলোচনাক যোগ্য সম্মান দিছিল সম্ৰাট আকবৰে। এই ক্ষেত্ৰত কুৰি শতিকাৰ। মহাত্মা গান্ধী হৈ ৰৈছিল অদ্বিতীয়। ভাৰতীয় ধৰ্ম নিৰপেক্ষতা পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাতকৈ পৃথক। ইয়াত আন ধৰ্মৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাতকৈ আন ধৰ্মৰ প্ৰতি নিৰপেক্ষ হোৱাটোতহে বেছি জোৰ দিয়া যায়। অশোক, আকবৰ আৰু মহাত্মা গান্ধীৰ মাজত তেনে ধৰ্ম নিৰপেক্ষতা আৰু গণতান্ত্ৰিক চিন্তাধাৰাৰ ছবিয়েই ফুটি উঠা দেখা যায়। নতুন প্ৰজন্মক উদ্দেশ্য কৰিয়েই গ্ৰন্থখনৰ আয়োজন। যিকোনো ইতিহাসপ্ৰিয় পাঠকৰ কাৰণেও গ্ৰন্থখন গুৰুত্বপূৰ্ণ। সামৰণি দীপিকা বৰগোহাঁইৰ বিশেষভাৱে আলোচিত তিনিওখন গ্ৰন্থৰে চিন্তাখিনি পাঠকক আলোড়িত কৰিব পৰাকৈ শক্তিশালী। জীৱনৰ স্বৰূপ আৰু ভাৰতীয় ধৰ্ম নিৰপেক্ষতাৰ আঁৰৰ তিনিগৰাকী ব্যক্তি গ্ৰন্থতকৈ ‘বিশ্বাস অবিশ্বাস আৰু অন্ধবিশ্বাস’ গ্ৰন্থখনৰ মাজেৰে লেখকৰ মৌলিক চিন্তাৰ খতিয়ান ল’বলৈ বেছি উপযোগী। জীৱন আৰুসমাজ সম্পৰ্কত লেখকৰ দৃষ্টিভঙ্গী মৌলিক। এই মৌলিকতা কোনো যুক্তিহীন ধৰ্মীয় বিশ্বাস বা পৰম্পৰাৰ দ্বাৰা পৰিচালিত নহয়। পৰম্পৰাগত কিছু বিশ্বাসত এচামৰ সুবিধা আদায়ৰ চেষ্টা থাকে। তাৰ বাবে বলি হয় সাধাৰণ মানুহ। তেখেতৰ প্ৰবন্ধৰ অন্যতম বৈশিষ্ট্য হল সামাজিক দায়বদ্ধতা। সমাজৰ উন্নতিত বাধা হিচাপে থিয় দিয়া যিকোনো বিশ্বাস-পৰম্পৰাকে লেখকে মানি লোৱা নাই। নাৰীসকলেই বেছিকৈ অন্ধবিশ্বাসী বুলি অভিযোগ উঠাৰ সময়। এচোৱাত ইয়াৰ বিৰুদ্ধে মাত মাতিছেনাৰীয়েই। এনে উদাহৰণ বৰ সুলভ নহয়। বিশ্বাস-পৰম্পৰাক লৈ কেৱল যে নেতিবাচকভাৱেই কথাবোৰ কোৱা হৈছে, তেনে নহয়। সমাজ জীৱনৰ অনেক দিশক লৈ সম্ভাৱনাও পোষণ কৰা হৈছে। লগতে আলোচিত হৈছে সেই সম্ভাৱনাক প্ৰতিপালন কৰাৰ ক্ষেত্ৰত পালনীয় দায়িত্ব সম্পৰ্কেও। আলোচ্য তিনিওখন গ্ৰন্থই দীপিকা বৰগোহাঁইৰ প্ৰগতিবাদী চিন্তাৰ সৈতে পৰিচিত হোৱাৰ সুযোগ দিয়ে। আধুনিকতাৰ বাৰ্তাবাহী তেখেতৰ চিন্তাধাৰা সমাজ জীৱনৰ বাবে নিতান্তই প্ৰয়োজনীয়। তথ্যসূত্ৰ অসমৰ ব্যক্তি জীৱিত ব্যক্তি অসমীয়া
30140
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC%20%E0%A6%9A%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF%20%E0%A6%86%E0%A6%87%E0%A6%A8%20%E0%A7%A7%E0%A7%AE%E0%A7%AD%E0%A7%A8
ভাৰতীয় চুক্তি আইন ১৮৭২
ভাৰতবৰ্ষত চুক্তি সম্পৰ্কীয় আইন ভাৰতীয় চুক্তি আইন ১৮৭২ ত সন্নিৱিষ্ট কৰা হৈছে। এই আইনখন ইংৰাজ শাসনৰ সময়ত অনুমোদিত আৰু ই ইংৰাজ সাধাৰণ আইনৰ নীতিসমূহৰ ওপৰত আধাৰিত। জম্মু আৰু কাশ্মীৰৰ বাদে সমগ্ৰ ভাৰততে ভাৰতীয় চুক্তি আইনখন প্ৰযোজ্য। এই আইনখনে কোনবোৰ পৰিস্থিতিত কোনো কামৰ বাবে দুটা দলৰ হোৱা চুক্তি আইনমতে পালনীয় হ'ব তাক নিৰ্ণয় কৰে। প্ৰত্যেকজন লোকেই প্ৰতিদিনে বিভিন্ন চুক্তিত জড়িত হৈ পৰে। এই চুক্তিসমূহৰ পৰা কিছুমান অধিকাৰ আৰু কৰ্ত্তব্যৰ সৃষ্টি হয়। ভাৰতীয় চুক্তি আইনে ভাৰতত এই অধিকাৰ আৰু কৰ্ত্তব্যসমূহৰ সুৰক্ষা তথা পালনৰ বিষয় সামৰি লয়। ইতিহাস ১৮৬১ চনত ইংৰাজ শাসনকালত চেয়াৰমেন ছাৰ জন ৰমিলিৰ তত্তাৱধানত ছাৰ এডৱাৰ্ড ৰিয়ান, আৰ. ল'ৱ, জে. এম. মেকলইড, ছাৰ ডব্লিউ. আৰলি আৰু জাষ্টিছ ৱিলছক প্ৰাৰম্ভিক সদস্য হিচাপে লৈ গঠন কৰা তৃতীয় আইন আয়োগে ভাৰতৰ বাবে চুক্তি আইনৰ এক প্ৰতিবেদন খচৰা হিচাপে দাখিল কৰে। এই খচৰা ১৮৭২ চনৰ ২৫ এপ্ৰিলত সেই বৰ্ষৰ নৱম আইন হিচাপে গৃহীত হয় আৰু ১৮৭২ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ভাৰতীয় চুক্তি আইনখন কাৰ্যকৰী হয়। ভাৰতীয় চুক্তি আইন ১৮৭২ গৃহীত হোৱাৰ আগলৈকে ভাৰতত চুক্তিৰ বাবে কোনো সংগঠিত আইন নাছিল। দেশখনৰ মুখ্য নগৰসমূহ অৰ্থাৎ মাদ্ৰাজ, বম্বে আৰু কলিকতাত বিভিন্ন চুক্তিসমূহ ৰজা ১ম জৰ্জে ১৭২৬ চনত ইষ্ট ইণ্ডিয়া কোম্পানীলৈ অনুমোদন কৰা এক চনদমতে সম্পন্ন হৈছিল। ইয়াৰ পিছত ১৭৮১ চনত ইংৰাজ চৰকাৰ নিষ্পত্তি আইন বলৱৎ কৰে। নিষ্পত্তি আইন অনুসৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ে চুক্তি সম্পৰ্কীয় বিষয়সমূহৰ সোধা-পোছা কৰিছিল। পক্ষৰ ধৰ্ম অনুসৰি বিবাদসমূহৰ মীমাংসা হিন্দু আইন নাইবা মুছলিম আইনমতে হৈছিল। আন ধৰ্মৰ ক্ষেত্ৰত পদকীয়া আইন প্ৰযোজ্য আছিল। মূল নগৰকেইখনৰ বাহিৰৰ চুক্তিসমূহ ইংৰাজ চুক্তি আইনসমূহৰ মতে সম্পন্ন কৰা হৈছিল। ক্ৰমবিকাশ গৃহীত হোৱাৰ সময়ত আইনখনৰ ২৬৬টা ধাৰা আছিল। আইনখন যথেষ্ট বহল পৰিসৰৰ আছিল আৰু ই নিম্নলিখিত বিষয়সমূহ সামৰি লৈছিল। চুক্তি আইনৰ প্ৰাথমিক নীতিসমূহ (ধাৰা ১-৭৫) সামগ্ৰী বিক্ৰীৰ সৈতে জড়িত চুক্তি (ধাৰা ৭৬-১২৯) বিশেষ প্ৰকাৰৰ চুক্তি (ক্ষতিপূৰণ, নিশ্চিতি, জামিন আৰু বন্ধক অন্তৰ্ভুক্ত) (ধাৰা ১২৫-২৩৮) অংশীদাৰী ব্যৱসায়ৰ সৈতে জড়িত চুক্তি (ধাৰা ২৩৯-২৬৬) ভাৰতীয় চুক্তি আইনে সামগ্ৰী বিক্ৰয় আৰু অংশীদাৰী ব্যৱসায় সম্পৰ্কীয় সৰল আৰু প্ৰাথমিক নীতিসমূহ সামৰি লৈছিল। বাণিজ্য ক্ষেত্ৰখনৰ প্ৰগতিৰ ফলত উদ্ভৱ হোৱা নতুন নিয়ম-নীতিসমূহ সামৰি ল'বলৈ চুক্তি আইনখন যথেষ্ট নাছিল। গতিকে ১৯৩০ আৰু ১৯৩২ চনত সামগ্ৰী বিক্ৰয় আৰু অংশীদাৰী ব্যৱসায়ৰ বাবে দুখন নতুন আইন ক্ৰমে সামগ্ৰী বিক্ৰয় আইন ১৯৩০ আৰু অংশীদাৰী ব্যৱসায় আইন ১৯৩২ গৃহীত কৰা হয়। বৰ্তমান সময়ত ভাৰতীয় চুক্তি আইনে নিম্নলিখিত বিষয়সমূহ সামৰিছে। চুক্তি আইনৰ প্ৰাথমিক নীতিসমূহ (ধাৰা ১-৭৫) বিশেষ প্ৰকাৰৰ চুক্তি (ক্ষতিপূৰণ, নিশ্চিতি, জামিন আৰু বন্ধক অন্তৰ্ভুক্ত) (ধাৰা ১২৫-২৩৮) সংজ্ঞা আইনখনৰ ধাৰা ২(এইচ) মতে "আইনমতে বলৱৎ হোৱা যিকোনো বন্দৱস্তই"চুক্তি। অৰ্থাৎ বৈধ চুক্তিৰ বাবে এক বন্দৱস্ত আৰু থকাটো আৰু ই আইনমতে বলৱৎ হোৱাটো প্ৰয়োজনীয়। ধাৰা ২(ই) মতে "পৰস্পৰৰ বাবে লাভৰ সৃষ্টি কৰা সকলো অংগীকাৰ আৰু অংগীকাৰৰ সকলো সমষ্টি" বন্দৱস্ত। ধাৰা ২(বি) মতে "যেতিয়া এজক লোকে তেওঁক দিয়া প্ৰস্তাৱত মান্তি হয় তেতিয়া প্ৰস্তাৱটো গৃহীত হোৱা বুলি কোৱা হয়। যেতিয়া এটা প্ৰস্তাৱ গৃহীত হয় তেতিয়া ই এক অংগীকাৰ হৈ পৰে। বৈধ চুক্তিৰ বাবে প্ৰয়োজনীয় চৰ্ত্ত ধাৰা ১০ অনুসৰি, "সকলোধৰণৰ বন্দৱস্তই চুক্তি, যদিহে এইসমূহ দুয়োপক্ষৰ মুকলি সন্মতি, চুক্তিৰ বাবে যোগ্যতাৰে, এক ন্যায্য সামগ্ৰীৰ সৈতে ন্যায্য লাভৰ বাবে হয়, আৰু যদি ইয়াক প্ৰকাশ্যে অবৈধ বুলি স্বীকৃত দিয়া নহয়। প্ৰস্তাৱ ভাৰতীয় চুক্তি আইন ১৮৭২ ধাৰা ২(এ) ত প্ৰস্তাৱৰ সংজ্ঞা এনেদৰে দিয়া হৈছে, "যেতিয়া এজন ব্যক্তিয়ে আন এজনৰ সন্মতি বিচাৰি কোনো এক কাম কৰাৰ বা কামটো কৰাৰ পৰা আঁতৰি থকাৰ ইচ্ছা আনজনক ব্যক্ত কৰে, তেতিয়া তেওঁক এটা প্ৰস্তাৱ দিয়া বুলি কোৱা হয়। এইদৰেই এক ন্যায্য প্ৰস্তাৱ হ'বলৈ হ'লে কামটো কৰা বা নকৰাৰ ইচ্ছাৰ বিষয়ে ব্যক্ত কৰাটো জৰুৰী। কিন্তু কেৱল ইচ্ছা ব্যক্ত কৰিলেই ই ন্যায্য প্ৰস্তাৱ নহ'ব। এই ইচ্ছাৰ কথা প্ৰস্তাৱ পাওঁতাজনক তেওঁৰ সন্মতি বিচাৰি পোনপটীয়াকৈ জনাব লাগিব আৰু এই প্ৰস্তাৱত এন কোনো চৰ্ত্ত থাকিব নোৱাৰিব যিটো পূৰ্ণ নহ'লে প্ৰস্তাৱ গৃহীত হ'ল বুলি ধৰা যায়। প্ৰস্তাৱৰ ভাগসমূহ: ১. সাধাৰণ প্ৰস্তাৱ সকলোৰে বাবে। ২. বিশেষ প্ৰস্তাৱ নিৰ্দিষ্ট লোকৰ বাবে। ৩. বিপৰীতমুখী প্ৰস্তাৱ দুইপক্ষই পৰস্পৰক দিয়া একে প্ৰস্তাৱ। ৪. পৰিৱৰ্ত্তিত প্ৰস্তাৱ মূল প্ৰস্তাৱৰ শুধৰণি। ৫. স্থিত প্ৰস্তাৱ কোনো বিশেষ সময়লৈকে থকা প্ৰস্তাৱ। প্ৰস্তাৱ গ্ৰহণ ধাৰা ২(বি) মতে "যেতিয়া এজন লোকে তেওঁক দিয়া প্ৰস্তাৱত মান্তি হয় তেতিয়া প্ৰস্তাৱটো গৃহীত হোৱা বুলি কোৱা হয়। যেতিয়া এটা প্ৰস্তাৱ গৃহীত হয়। ন্যায্য প্ৰস্তাৱ গ্ৰহণৰ নিয়মসমূহ: ১. প্ৰস্তাৱ গ্ৰহণ পোনপটীয়া আৰু খাটাং হ'ব লাগিব। ২. প্ৰস্তাৱ দিওঁতাক সন্মতিৰ বিষয়ে পোটপটীয়াকৈ জনাব লাগিব। ৩. প্ৰস্তাৱটো নিৰ্ধাৰিত উপায়েৰে গ্ৰহণ কৰিব লাগিব। 8. নিৰ্দিষ্ট কৰি দিয়া নাইবা এক যুক্তিসংগত সময়ৰ ভিতৰত প্ৰস্তাৱ গ্ৰহণ কৰিব লাগিব। ৫. মৌনতাক প্ৰস্তাৱ গ্ৰহণ হিচাপে ধৰা নহয়। ৬. দুয়োপক্ষ বিষয়টোত সন্মত হ'ব লাগিব। লাভ ধাৰা ২(ডি) ত সংজ্ঞা অনুসৰি, বন্দৱস্ত এটা দুয়োপক্ষৰে একোটা ন্যায়সংগত লাভৰ বাবে হ'ব লাগিব। সেই লাভ আইনসংগত নহ'ব যদিহে ই: আইনৰদ্বাৰা নিষিদ্ধ। এনে প্ৰকৃতিৰ, যাক অনুমোদন জনালে কোনো আইন ভংগ হয়। এক জালিয়াতি, অথবা কোনো ব্যক্তি তথা আনৰ সম্পত্তিৰ অনিষ্ট সাধন কৰে। ন্যায়ালয়ে ইয়াক নীতিবিৰুদ্ধ, অথবা জনগণৰ নীতিৰ বিপক্ষে যায়, আৰু লাভ বিভিন্ন ৰূপৰ যেন টকা, সামগ্ৰী, সেৱা, বিবাহৰ অংগীকাৰ, ভৱিষ্যতে কাৰ্য পালনৰ অংগীকাৰ আদি হ'ব পাৰে। সংশ্লিষ্ট পক্ষৰ যোগ্যতা আইধখনৰ ধাৰা ১১ অনুসৰি এক বৈধ চুক্তিৰ বাবে পক্ষসমূহৰ নিম্নলিখিত যোগ্যতা থাকিব লাগিব। তেওঁ নাবালক হ'ব নালাগিব। ভাৰতীয় প্ৰাপ্তবয়স্ক আইন ১৮৭৫ মতে ১৮ বছৰৰ অনূৰ্ধ্ব্বজনেই নাবালক। চুক্তিৱদ্ধ হোৱাৰ সময়ত তেওঁ মানসিকভাৱে সুস্থ অৱস্থাত থাকিব লাগিব। তেওঁ এনে এজন ব্যক্তি হ'ব নালাগিব যাক আইনে ব্যক্তিগতভাৱে অযোগ্য ঘোষণা কৰিছে। মুক্ত সন্মতি ধাৰা ১৩ অনুসৰি, দুজন বা ততোধিক ব্যক্তিক তেতিয়াই সন্মত হোৱা বুলি কোৱা হয় যেতিয়া তেওঁলোকে কোনো এক বিষয়ত একে অৰ্থত একমত হয়। সন্মতি এটা তেতিয়াই মুক্ত হয় যেতিয়া ই বাধ্যকৰণ (ধাৰা ১৫), দমনীয় প্ৰভাৱ (ধাৰা ১৬), জাল (ধাৰা ১৭), অপবৰ্ণনা (ধাৰা ১৮) আৰু ভুলৰদ্বাৰা (ধাৰা ১৯) প্ৰভাৱিত নহয়। চুক্তিৰ প্ৰকাৰ চুক্তিৰ নিৰ্বাহ বা বাতিলকৰণ চুক্তি এটা নিম্নলিখিত ধৰণে নিৰ্বাহ অথবা ৰদ কৰা হ'ব পাৰে। ১. একমত যোগে নিৰ্বাহ (ধাৰা ৬২, ৬৩) দুয়োপক্ষৰ মুক্ত সন্মতি থাকিলে চুক্তি এটা নিৰ্বাহ কৰিব পৰা যায়। ২. ৰূপায়ণৰ যোগে নিৰ্বাহ (ধাৰা ৩৭, ৩৮) চুক্তি অনুসৰি কাৰ্য সমাপন হ'লেই সেই চুক্তি নিৰ্বাহ হয়। ৩. আইনী প্ৰক্ৰিয়াৰ যোগে নিৰ্বাহ চুক্তিৱদ্ধ ব্যক্তিৰ মৃত্যু হ'লে অথবা তেওঁ দেউলীয়া অৱস্থাত পৰিলে আইনে হস্তক্ষেপ কৰি চুক্তিখন বাতিল কৰে। কোনো ক্ষেত্ৰত যদি পূৰ্বৰ অধিকাৰ নতুন অধিকাৰৰ মাজত বিলীন হৈ যায় তেন্তে পূৰ্বৰ অধিকাৰ সম্বন্ধীয় চুক্তি বাতিল হৈ যায়। ৪. চুক্তি ভংগকৰণৰ যোগে নিৰ্বাহ (ধাৰা ৩৯) কোনো পক্ষই চুক্তি অনুসাৰে কাৰ্য নকৰিলে সেই চুক্তি বাতিল হয়। এইক্ষেত্ৰত ক্ষতিগ্ৰস্ত আনটো পক্ষই প্ৰথম পক্ষৰ বিপক্ষে আইনৰ কাষ চাপিব পাৰে। ৫. ৰূপায়ণ কৰাৰ সম্ভাৱনাহীনতাৰ যোগে (ধাৰা ৫৬) চুক্তি এটা ৰূপায়ণ কৰাটো প্ৰকৃতপক্ষে অসম্ভৱ হৈ পৰিলে ই নিৰ্বাহ হয়। ৬. সময় উকলাৰ ফলত চুক্তি ৰূপায়ণৰ সময় উকলি গ'লে ই বাতিল হৈ যায়। ম্যাদ আইন ১৯৪০ 1940) অনুসৰি এটা চুক্তি নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়িত কৰিব লাগে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ 1872 1872 ভাৰতৰ সংবিধান ভাৰতৰ
56997
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BE%E0%A6%9F%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%A1%E0%A6%BE%20%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AD%E0%A6%BE%E0%A7%B1
মাটিল্ডা প্ৰভাৱ
মহিলা বিজ্ঞানীৰ সফলতাক স্বীকৃতি নিদি তেওঁলোকৰ পুৰুষ সহকৰ্মীৰ প্ৰতি কৰা পক্ষপাতিত্বক মাটিল্ডা প্ৰভাৱ বোলে। মতাধিকাৰ কৰ্মী মাটিল্ডা জ'ছলিন গেজে ১৮২৬-৯৮) তেওঁৰ নামৰ ৰচনাত (১৮৭০-ত প্ৰথমবাৰ আৰু ১৮৮৩ চনত নৰ্থ এমেৰিকান ৰিভিউত প্ৰকাশিত) এই প্ৰভাৱৰ উল্লেখ কৰে। ১৯৯৩ চনত বিজ্ঞান ইতিহাসবিদ মাৰ্গাৰেট ৰজিটাৰে প্ৰথমবাৰ নামটো ব্যৱহাৰ কৰে। ৰ'জিটাৰে এই প্ৰভাৱৰ কেইবাটাও উদাহৰণ দিয়ে। ১২শ শতিকাৰ ইটালীয় মহিলা চিকিৎসক ট্ৰ'টুলাই লিখা গ্ৰন্থবোৰ তেওঁৰ মৃত্যুৰ পাছত পুৰুষ লেখকৰ বুলি অভিহিত কৰা হৈছিল। ঊনবিংশ আৰু বিংশ শতিকাত এনে প্ৰভাৱ নেটি ষ্টিভেন্স মাৰিয়া কিউৰি লিজ মেইটনাৰ মেৰিয়েটা ব্লু ৰ'জালিণ্ড ফ্ৰেংকলিন আৰু জ'চলিন বে'ল বাৰ্নেল আদিৰ ক্ষেত্ৰত পৰিলক্ষিত হয়। মাটিল্ডা প্ৰভাৱ "মেথিউ প্ৰভাৱ" )ৰ লগত তুলনা কৰা হৈছিল, য'ত একে বা একেলগে কাম কৰা সত্বেও এজন প্ৰখ্যাত বিজ্ঞানীয়ে এজন তুলনামূলকভাৱে অজানা গৱেষকতকৈ অধিক সুনাম অৰ্জন কৰে। ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ চিকিৎসা বিদ্যালয়ৰ স্নায়ুজীৱবিজ্ঞানী বেন বৰিছে (১৯৫৪-২০১৭) ১৯৯৭ চনত মহিলাৰ পৰা পুৰুষলৈ লিংগ পৰিৱৰ্তন কৰিছিল। লিংগ অনুসৰি একে কৃতিত্বকে আনে ভিন্নভাৱে গ্ৰহণ কৰা বুলি তেওঁ উল্লেখ কৰিছিল। গৱেষণা ২০১২ চনত ৰেডবুড য়ুনিভাৰ্চিটী নিজমেগেনৰ দুগৰাকী গৱেষিকাই প্ৰকাশ কৰে যে নেডাৰলেণ্ডছত অধ্যাপনা প্ৰাৰ্থীৰ ই তেওঁলোকৰ মূল্যায়নত প্ৰভাৱ পেলায়। আন এক অধ্যয়নত দুগৰাকী ইটালীয় গৱেষিকাইও একেধৰণৰ কথা প্ৰকাশ কৰে। আনহাতে বহুকেইটা অধ্যয়নে পুৰুষ আৰু মহিলা লেখকৰ প্ৰকাশনৰ উদ্ধৃতি আৰু প্ৰভাৱৰ একো পাৰ্থক্য পোৱা নাই। ৰাজহুৱা মিডিয়াই মহিলা বিজ্ঞানীসকলতকৈ পুৰুষ বিজ্ঞানীক অনুষ্ঠানবোৰলৈ বৰঙণি দিবলৈ মাতে বুলি চুইছ গৱেষকসকলে ইংগিত দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক অধ্যয়নত কোৱা হৈছে যে "যদিও আমেৰিকান সমাজত সাধাৰণতে লিঙ্গ বৈষম্য হ্ৰাস পাইছে," তথাপিও "বিশেষকৈ গৱেষণাৰ ক্ষেত্ৰত বৈজ্ঞানিক বঁটাৰ বাবে এতিয়াও মহিলাক আওকাণ কৰা হয়।" উদাহৰণ মাটিল্ডা প্ৰভাৱৰ চিকাৰ হোৱা কেইগৰাকীমান মহিলা: ট্ৰ'টুলা (চালেৰ্নোৰ ট্ৰ'টা, ১২শ শতিকা) ইটালীয় চিকিৎসক যাৰ মৃত্যুৰ পাছত তেওঁৰ লেখাবোৰ পুৰুষৰ বুলি কোৱা হৈছিল। শিক্ষক আৰু চিকিৎসক হিচাপে মহিলাক হেয়জ্ঞান কৰা বাবে তেওঁৰ অস্তিত্বকে নাকচ কৰা হৈছিল। প্ৰথমে তেওঁৰ লেখাবোৰ পতি আৰু পুত্ৰৰ নামেৰে জনা গৈছিল, পাছত আকৌ তেওঁক পুৰুষ বুলি ভুল কৰা হৈছিল। তেওঁৰ নাম আনকি "তো নাই। নেটি ষ্টিভেন্স (১৮৬১-১৯১২), লিংগ-নিৰ্ধাৰণ পদ্ধতিৰ আৱিষ্কাৰক। তেওঁ প্ৰথমে প্ৰকাশ কৰিছিল যে প্ৰাণীৰ লিংগ ক্ৰম'জমে নিৰ্ধাৰণ কৰে, পৰিবেশ বা আন কাৰকে নকৰে। কিন্তু সেই সময়ৰ বিখ্যাত বংশগতি বিজ্ঞানী থমাছ হাণ্ট মৰ্গানকহে এই আৱিষ্কাৰৰ কৃতিত্ব দিয়া হয়। মেৰী হিটন কিন্স (১৮৬৩-১৯৩০) হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এইগৰাকী গৱেষকে আৱিষ্কাৰ কৰে যে এটা উদ্দীপকৰ লগত আন এটা উদ্দীপক যোৰ পাতিলে সেয়া সহজে মনত ৰাখিব পাৰি আৰু উদ্দীপনাৰ সময়েও মনত পেলোৱাত সহায় কৰে। পাছলৈ জৰ্জ মুলাৰ আৰু এডৱাৰ্ড টিখনাৰে কিন্সৰ নাম উল্লেখ নকৰাকৈয়ে এই তথ্যবোৰ ব্যৱহাৰ কৰে। জাৰ্টি ক'ৰি (১৮৯৬-১৯৫৭), পদবীৰ বাবে একে অৰ্হতা থকা সত্বেও নোবেল বঁটা বিজয়ী জৈৱৰসায়নবিদগৰাকীয়ে বহুবছৰ গিৰিয়েকৰ সহায়ক হিচাপে কাম কৰিবলগীয়া হৈছিল। ৰ'জালিণ্ড ফ্ৰেংকলিন (১৯২০-১৯৫৮) এতিয়া ডি এন এ আৱিষ্কাৰৰ গুৰুত্বপূৰ্ণ অৱদানকাৰী হিচাপে স্মৰণ কৰা হয়। ৱাটছন আৰু ক্ৰিকে এই আৱিষ্কাৰৰ বাবে ১৯৬২ চনত নোবেল বঁটা লাভ কৰোঁতেও ফ্ৰেংকলিনৰ অৱদানক ভালকৈ স্বীকৃতি দিয়া হোৱা নাছিল। (অৱশ্যে ৱাটছনে ফ্ৰেংকলিনৰ বৰঙণি ১৯৬৮ চনৰ নামৰ গ্ৰন্থত উল্লেখ কৰিছে)। মাৰ্থা গুটিয়াৰ (জন্ম ১৯২৫) ডাউন ছীণ্ড্ৰ'ম কৰা ক্ৰ'ম'জম বিসংগতি আৱিষ্কাৰৰ ক্ষেত্ৰত বাবে অৱদানৰ বাবে আজিকালি স্বীকৃতি দিয়া হয়। আগতে কেৱল জেৰ'ম লেজানক এই কামৰ স্বীকৃতি দিয়া হৈছিল। মেৰিয়ান ডায়মণ্ডে (জন্ম ১৯২৬), বাৰ্কলে'ৰ কেলিফ'ৰ্নিয়া বিশ্ববিদ্যালয়ত মস্তিষ্কৰ প্লাষ্টিচিটিৰ পৰিঘটনা আৱিষ্কাৰ কৰে। ১৯৬৪ চনত তেওঁৰ গৱেষণাৰ ফলাফল প্ৰকাশ হোৱাৰ আগতে তেওঁ দেখিলে যে তেওঁৰ সহ-লেখক ডেভিদ ক্ৰেচ আৰু মাৰ্ক ৰ'জেনৱিজৰ নাম তেওঁতকৈ আগত লিখা আছে আৰু তেওঁৰ নাম বন্ধনীত ভৰোৱা আছে। ইয়াৰ প্ৰতিবাদ কৰাৰ পাছত তেওঁৰ নাম প্ৰথম লেখক হিচাপে দিয়া হ'ল। হেৰিয়েট জাকাৰমেন (জন্ম ১৯৩৭) মাটিল্ডা প্ৰভাৱৰ ফলত জাকাৰমেনক পতি ৰবাৰ্ট মাৰ্টনে মেথিউ প্ৰভাৱৰ ধাৰণাৰ সহ-লেখক হিচাপে স্বীকৃতি দিয়ে। তথ্যসূত্ৰ
77335
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A7%80%E0%A6%A8%E0%A6%BE%20%E0%A6%A1%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%97%E0%A6%A8
চীনা ড্ৰেগন
চীনা ড্ৰেগন অৰ্থাৎ লুং, লং বা লাং চীনা আখ্যান, লোককথা আৰু চীনা সংস্কৃতিত উল্লিখিত এক কিংবদন্তিমূলক জীৱ। চীনা ড্ৰেগনৰ কচ্ছপ আৰু মৎস্যৰ দৰে বহুতো প্ৰাণীসদৃশ ৰূপ আছে যদিও সাধাৰণতে ইয়াক চাৰিটা ঠেঙৰ সৈতে সৰ্পৰ দৰে চিত্ৰায়িত কৰা হয়। শিক্ষাবিদসকলে চীনা ড্ৰেগনৰ উৎপত্তি সন্দৰ্ভত চাৰিটা নিৰ্ভৰযোগ্য তত্ত্ব চিনাক্ত কৰিছে। এইকেইটা হ'ল সৰ্প, চীনা কুম্ভীৰ, বজ্ৰপাত আৰু প্ৰকৃতি উপাসনা। পৰম্পৰাগতভাৱে এই আটাইবোৰ একো একোটা প্ৰভাৱশালী আৰু শুভ শক্তিৰ প্ৰতীক। ইয়াৰ ভিতৰত জলভাগ, বৰষুণ, টাইফুন (ধুমুহা) আৰু বানপানীৰ ওপৰত নিয়ন্ত্ৰণ মুখ্য। পূব এছিয়াৰ সংস্কৃতিত ড্ৰেগন যোগ্য লোকসকলৰ বাবে ক্ষমতা, শক্তি আৰু সৌভাগ্যৰ প্ৰতীক। চীনা ৰাজতন্ত্ৰৰ সময়ত সম্ৰাটে সাধাৰণতে ড্ৰেগনক তেওঁৰ সাম্ৰাজ্যিক ক্ষমতা আৰু শক্তিৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছিল। চীনা সংস্কৃতিত উৎকৃষ্ট লোকসকলক ড্ৰেগনৰ সৈতে তুলনা কৰা হয়। আনহাতে কোনো সফলতা নোপোৱা অক্ষম লোকসকলক অন্যান্য নিম্নস্থানীয় প্ৰাণী যেনে পোক আদিৰ সৈতে তুলনা কৰা হয়। চীনা ফকৰা-যোজনাত ড্ৰেগনৰ প্ৰসংগ পোৱা যায়। কোনো কোনো চীনা উপাধিতো ড্ৰেগনৰ নাম সংলগ্ন হৈ আছে। চিহ্ন হিচাপে তাৎপৰ্য ঐতিহাসিকভাৱে চীনা ড্ৰেগন চীনৰ সম্ৰাটৰ সৈতে জড়িত আছিল। ইয়াক সাম্ৰাজ্যিক শক্তিক প্ৰতিনিধিত্ব কৰিবলৈ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছিল। হান ৰাজবংশৰ প্ৰতিষ্ঠাপক লিউ বেঙে এই কথা দাবী কৰিছিল যে তেওঁৰ মাতৃয়ে ড্ৰেগনৰ সপোন দেখাৰ পিছত তেওঁক গৰ্ভত ধাৰণ কৰিছিল। টাং ৰাজবংশৰ সময়ত সম্ৰাটসকলে সাম্ৰাজ্যিক প্ৰতীক হিচাপে ড্ৰেগনৰ সাজ-সজ্জা থকা পোছাক পৰিধান কৰিছিল আৰু কোনো কোনো সময়ত উচ্চপদস্থ বিষয়াসকলক ড্ৰেগনৰ পোছাকো প্ৰদান কৰিছিল। ইউয়ান ৰাজবংশত দুটা শিঙ আৰু পাঁচটা নখযুক্ত ড্ৰেগনক কেৱল স্বৰ্গৰ পুত্ৰ অৰ্থাৎ সম্ৰাটে ব্যৱহাৰ কৰিবৰ বাবে মনোনীত কৰা হৈছিল। আনহাতে চাৰিনখীয়া ড্ৰেগন ৰাজকুমাৰ আৰু অভিজাত লোকসকলে ব্যৱহাৰ কৰিছিল একেদৰে মিং আৰু চিং ৰাজবংশৰ সময়তো পাঁচনখীয়া ড্ৰেগন কেৱল সম্ৰাটৰ দ্বাৰা ব্যৱহাৰৰ অনুমতি আছিল। চিং ৰাজবংশৰ ড্ৰেগন চীনৰ প্ৰথমখন ৰাষ্ট্ৰীয় পতাকাত অন্তৰ্ভুক্ত কৰা হৈছিল। ড্ৰেগনক কেতিয়াবা পশ্চিমীয়া দেশসমূহত চীনৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয় যদিও চীন গণৰাজ্যত এনে ব্যৱহাৰ সাধাৰণতে দেখা নাযায়। ইয়াৰ পৰিৱৰ্তে ড্ৰেগনক সাধাৰণতে সংস্কৃতিৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। হংকঙত ড্ৰেগন আছিল ব্ৰিটিছ শাসনৰ অধীনত সামৰিক পোছাকৰ এক উপাদান। পৰৱৰ্তী কালত ই হংকঙৰ চৰকাৰী প্ৰচাৰৰ প্ৰতীক ব্ৰেণ্ড হংকঙৰ ডিজাইনৰ এক বিশেষত্ব হৈ পৰে। চীনা ড্ৰেগন আৰু ইউৰোপীয় ড্ৰেগনৰ অৰ্থৰ যথেষ্ট তাৰতম্য দেখা যায়। ইউৰোপীয় সংস্কৃতিত ড্ৰেগন হৈছে এক আক্ৰমণাত্মক অগ্নি নিৰ্গত কৰা প্ৰাণী। আনহাতে চীনা ড্ৰেগন হৈছে এক আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰতীক যি সমৃদ্ধি আৰু সৌভাগ্যক প্ৰতিনিধিত্ব কৰে। ইয়াৰ লগতে ড্ৰেগন বৰষুণৰো দেৱতা আৰু ই সম্প্ৰীতি বৃদ্ধি কৰে। এক বাতৰিৰ মতে চীন চৰকাৰে চীনৰ বাহিৰত ড্ৰেগনৰ অৰ্থ আক্ৰমণাত্মক হোৱাৰ বাবে ড্ৰেগনক ২০০৮ গ্ৰীষ্মকালীন অলিম্পিকৰ শুভংকৰ হিচাপে ব্যৱহাৰ কৰাৰ বিৰুদ্ধে সিদ্ধান্ত লয় আৰু তাৰ সলনি অধিক "বন্ধুত্বপূৰ্ণ" চিহ্ন বাছনি কৰে। ১৯৭০ৰ দশকত আৰম্ভ হোৱা জাতিগত সচেতনতাৰ প্ৰৱণতাৰ অংশ হিচাপে কেতিয়াবা চীনা লোকসকলে "ড্ৰেগনৰ বংশধৰ" শব্দটো জাতিগত পৰিচয়ৰ চিহ্ন হিচাপে ব্যৱহাৰ কৰা দেখা যায়। ড্ৰেগনৰ উপাসনা মূল পৌৰাণিক কালৰ চীনাসকলে নিজকে 'ড্ৰেগনৰ দেৱতা' হিচাপে চিনাক্ত কৰিছিল। ইয়াৰ অন্তৰ্নিহিত কাৰণটো এইটোৱেই যে চীনা ড্ৰেগন হৈছে যি পূৰ্বপুৰুষৰ পৰা হোৱা বিৱৰ্তন তথা চি শক্তিক প্ৰতিনিধিত্ব কৰা এক কাল্পনিক সৰীসৃপ। জিংলংৱা সংস্কৃতিৰ (খ্ৰীষ্টপূৰ্ব ৬২০০-৫৪০০) চাহাইত (লিয়াওনিং) ৰঙাচুৱা-মুগা শিলত ড্ৰেগনসদৃশ এক জান্তৱ সজ্জা পোৱা গৈছে। হেনানৰ য়াংশ্বাও সংস্কৃতিৰ পৰা খ্ৰীষ্টপূৰ্ব পঞ্চম সহস্ৰাব্দৰ এটা ড্ৰেগনৰ মূৰ্তি আৱিষ্কাৰ হোৱাৰ লগে লগে চীনা সংস্কৃতিত ড্ৰেগনৰ উপস্থিতি বহু হাজাৰ বছৰ পুৰণি আৰু খ্ৰীষ্টপূৰ্ব পঞ্চম সহস্ৰাব্দৰ বুলি প্ৰমাণ পোৱা গৈছে। প্ৰায় ৪৭০০-২৯০০ খ্ৰীষ্টপূৰ্বৰ হংশ্বান সংস্কৃতিৰ কুণ্ডলীবদ্ধ ৰূপত থকা ড্ৰেগন অংকিত জেড পাথৰৰ তাবিজ খননকাৰ্যত পোৱা হৈছে। কিছুমান প্ৰাচীন ড্ৰেগন শিল্পকলাৰ ভিতৰত হংশ্বান সংস্কৃতিৰ গাহৰি আকৃতিৰ ড্ৰেগনৰ কাৰুকাৰ্যও আছে। কুণ্ডলীবদ্ধ ড্ৰেগন বা সৰ্পৰ ৰূপটোৱে প্ৰাৰম্ভিক চীনা সংস্কৃতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰাচীনতম চীনা লিখনিত "ড্ৰেগন"ৰ চৰিত্ৰটোৰ একেই কুণ্ডলীবদ্ধ ৰূপৰ বিষয়ে উল্লেখ আছে। প্ৰাচীন কালৰ চীনা লোকসকলে খননকাৰ্যত উদ্ধাৰ হোৱা ডাইনোচৰৰ হাড়বোৰক ড্ৰেগনৰ হাড় বুলি উল্লেখ কৰাৰ লগতে ইয়াক এনেদৰেই নথিভুক্ত কৰিছিল। উদাহৰণস্বৰূপে, খ্ৰীষ্টপূৰ্ব ৩০০ চনত চাং কু নামৰ ইতিহাসবিদগৰাকীয়ে ছিচুয়ানত ড্ৰেগনৰ হাড় আৱিষ্কাৰ হোৱাৰ নথিপত্ৰ প্ৰস্তুত কৰিছে। ডাইনোচৰৰ বাবে আধুনিক চীনা শব্দ হৈছে কংলং অৰ্থাৎ 'আতংক ড্ৰেগন'। মধ্য চীনৰ গাওঁবাসীসকলে দীৰ্ঘদিন ধৰি পৰম্পৰাগত ঔষধত ব্যৱহাৰৰ বাবে আজিকোপতি জীৱাশ্মযুক্ত তথাকথিত ড্ৰেগনৰ হাড় উদ্ধাৰ কৰি আহিছে। চীনত আৱিষ্কৃত একপ্ৰকাৰৰ ডাইনোচৰৰ দ্বৈত নামৰ অৰ্থ হৈছে চীনা ভাষাত (মেই আৰু লং) নিদ্ৰামগ্ন ড্ৰেগন। চীনত মেই লঙৰ জীৱাশ্মযুক্ত অৱশিষ্টসমূহ নিদ্ৰিত আৰু কুণ্ডলীবদ্ধ ৰূপত পোৱা গৈছে। ইয়াৰ নেজডালে গোটেই শৰীৰৰ চাৰিওফালে ঘেৰি ৰাখিছে। কিংবদন্তিমূলক জীৱ মূৰ্তি হিচাপে ইয়াৰ উৎপত্তি বা প্ৰাকৃতিক প্ৰাণীৰ বৈশিষ্ট্যযুক্ত চিত্ৰণৰ পৰা চীনা ড্ৰেগন এটা কিংবদন্তিমূলক পৌৰাণিক জীৱলৈ বিকশিত হৈছিল। হান ৰাজবংশৰ পণ্ডিত ৱাং ফুৱে লিপিবদ্ধ কৰা চীনা আখ্যানত লং ড্ৰেগনৰ নটা শাৰীৰিক সাদৃশ্য আছিল। পৰৱৰ্তী উৎসসমূহত নবিধ জন্তুৰ সাদৃশ্যৰ বিভিন্ন তালিকা প্ৰদান কৰিছে। চিহ্নতত্ত্ববিদ হেনৰি ড'ৰে তালিকাভুক্ত কৰা একোটা প্ৰকৃত ড্ৰেগনৰ এই বিশেষত্ববোৰ হৈছে হৰিণৰ শিং, ৰিয়ালৰ শিৰ, ৰাক্ষসৰ চকু, সাপৰ ডিঙি, কাছৰ অভ্যন্তৰীণ অংগ, চিলনীৰ নখ, বাঘৰ তোৰা, গৰুৰ কাণ আৰু শিঙৰ শ্ৰৱণশক্তি। ইয়াৰ কাণকেইখন শ্ৰৱণশক্তিৰহিত। তেওঁ উল্লেখ কৰে যে কিছু লোকৰ মতে ড্ৰেগনৰ চকু শহাপহুৰ, উদৰ ভেকুলীৰ আৰু বাকলিবোৰ মাছৰ। চিমেৰা আৰু মেণ্টিকোৰকে ধৰি অন্যান্য কিংবদন্তিমূলক জীৱসমূহৰ শৰীৰতন্ত্ৰও একেদৰে ভয়ংকৰ প্ৰাণীৰ দ্বাৰা গঠিত। চীনা ড্ৰেগনৰ শাৰীৰিক গঠন সৰু বুলি গণ্য কৰা হৈছিল। ইয়াৰ ১১৭টা বাকলিৰ ভিতৰত ৮১টা য়াং বা ধনাত্মক আৰু ৩৬টা য়িন বা ঋণাত্মক। প্ৰথমাৱস্থাত ড্ৰেগন পৰোপকাৰী, জ্ঞানী আৰু ন্যায়সঙ্গত আছিল। কিন্তু বৌদ্ধসকলে কিছুমান ড্ৰেগনৰ মাজত অশুভ প্ৰভাৱৰ ধাৰণাটো প্ৰৱৰ্তন কৰে। তেওঁলোকে কৈছিল যে পানী ধ্বংসকাৰী শক্তি হোৱাৰ দৰে কিছুমান ড্ৰেগনে বানপানী, জোৱাৰৰ ঢৌ আৰু ধুমুহাৰ জৰিয়তে ধ্বংস কৰিব পাৰে। চীনা ড্ৰেগনৰ বহুতো ছবিত ইয়াৰ থুঁতৰিৰ তলত বা নখত এটা জ্বলন্ত মুক্তা দেখুওৱা হৈছে। এই মুক্তা আধ্যাত্মিক শক্তি, জ্ঞান, সমৃদ্ধি, শক্তি, অমৰত্ব, বজ্ৰপাত বা চন্দ্ৰৰ সৈতে সম্পৰ্কিত। চীনা কলাসমূহত প্ৰায়ে এহাল ড্ৰেগনক জ্বলন্ত মুক্তাৰ ওপৰত খেদি ফুৰা বা কাজিয়া কৰা দেখুওৱা হয়। কলা বুৰঞ্জীবিদ জন বৰ্ডমেনৰ মতে চীনা ড্ৰেগন আৰু ভাৰতীয় মকৰৰ চিত্ৰাংকন গ্ৰীক পুৰাণৰ কেটোছৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে কিয়নো চীনা ড্ৰেগন অধিক ছিল্ক ৰোডৰ জৰিয়তে কেটোছৰ চিত্ৰৰ সংস্পৰ্শলৈ অহাৰ পিছত আৰু ড্ৰেগনৰ ৰূপটো অধিক সৰীসৃপ হৈ পৰাৰ লগতে শিৰৰ আকৃতিও সলনি হয়। তথ্য সংগ্ৰহ চীনৰ সংস্কৃতি এছিয়াৰ
74722
https://as.wikipedia.org/wiki/%E0%A6%A1%E0%A6%BE%E0%A6%95%E0%A6%BF%E0%A6%A8%E0%A7%80
ডাকিনী
ডাকিনী বুলিলে হিন্দু আৰু বৌদ্ধ উভয় ধৰ্মতে এক প্ৰকাৰৰ নাৰী আত্মা বা ৰাক্ষসীক বুজা যায়। ডাকিনীৰ ধাৰণাটো প্ৰসংগ আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি কিছু ভিন্ন হোৱা দেখা যায়। উদাহৰণ স্বৰূপে, প্ৰাচীন হিন্দু গ্ৰন্থ আৰু পূব এছিয়াৰ গুহ্য বৌদ্ধ ধৰ্মত ডাকিনী শব্দটোৱে নৰমাংস আৰু/বা অন্যান্য গুৰুত্বপূৰ্ণ অংশ ভক্ষণ কৰা এক ৰাক্ষসী জাতিকে বুজায়। হিন্দু তান্ত্ৰিক সাহিত্যসমূহত সততে ডাকিনীৰ অৰ্থ হৈছে ষষ্ঠ চক্ৰৰ এটা বা মানৱ শৰীৰৰ সাতটা মৌলিক উপাদানৰ (ধাতু) সৈতে জড়িত এগৰাকী দেৱী। ইয়াৰ বিপৰীতে নেপালী আৰু তিব্বতীয় বৌদ্ধ ধৰ্মত 'ডাকিনী' বা 'জ্ঞান ডাকিনী' শব্দই উগ্ৰ দেহাৱয়ব ধাৰণ কৰা এক আলোকিত শক্তিৰ নাৰী মূৰ্তি আৰু কিছু পৰিমাণে আধ্যাত্মিক বিকাশযুক্ত মানৱী, এই উভয়কে বুজাব পাৰে। পূব এছিয়াৰ বৌদ্ধ পৰম্পৰাত ডাকিনীক বুদ্ধ বৈৰোচনৰ দ্বাৰা ডাইককোটেন বা মহাকালৰ ৰূপত বৌদ্ধ ধৰ্মত অন্তৰ্ভুক্ত কৰি লোৱা হৈছিল আৰু অৱশেষত জাপানত ডাকিনীক ডাকিনিটেন নামৰ এক উপাস্য দেৱীৰ সৈতে একত্ৰিত কৰা হৈছিল। কৃষিকাৰ্যৰ স্থানীয় দেৱতা ইনাৰীৰ সৈতে একত্ৰিত হোৱাৰ পিছত ডাকিনিটেন ইনাৰীৰ সৈতে সম্পৰ্ক থকা নে অৰ্থাৎ শিয়ালৰ প্ৰতীকৰ সৈতে জড়িত হৈ পৰে। হিন্দুধৰ্মত ডাকিনী হিন্দু পুৰাণসমূহৰ কোনো কোনো ভাগত ডাকিনীসমূহক দেৱী কালীৰ সহচৰী তথা মাংসাহাৰী পিশাচী বুলি কোৱা হৈছে। উদাহৰণস্বৰূপে, শিৱ পুৰাণত (২.২.৩৩) উল্লেখ কৰা হৈছে যে দক্ষ প্ৰজাপতিৰ শাস্তি দিবলৈ ৰাওনা হওঁতে বীৰভদ্ৰ আৰু মহাকালীৰ সহচৰী হিচাপে নৱদুৰ্গাৰ লগতে ডাকিনী আৰু শাকিনী (শাখিনী), ভূত, প্ৰমথ, গুহ্যক, কুষ্মাণ্ড, চাতক, ৰাক্ষস, ভৈৰৱ আৰু ক্ষেত্ৰপালসকললো গৈছিল। ব্ৰহ্মাণ্ড পুৰাণৰ (৩.৪১.৩০), বৰ্ণনা অনুসৰি কৈলাস পৰ্বতত পৰশুৰামে শিৱৰ গণসকলৰ সৈতে ডাকিনীসকলকো দেখা পাইছিল। ভাগৱত পুৰাণৰ (১০.০৬.২৭-২৯) মতে, শিশু কৃষ্ণই পুতনা ৰাক্ষসীক বধ কৰাৰ পিছত তেওঁৰ ভৱিষ্যত সুৰক্ষাৰ বাবে বৃন্দাবনৰ গোপিনীসকলে কিছু লোকাচাৰৰ আয়োজন কৰে। তেওঁলোকে ডাকিনী, ভূত, কুষ্মাণ্ড, মাতৃকা, অপস্মৰ আদিক বিষ্ণুৰ নামত দূৰতে বিদূৰ হ'বলৈ কয়। অন্য শাস্ত্ৰসমূহত ডাকিনীক এগৰাকী দেৱীৰ নাম হিচাপে ব্যৱহাৰ কৰা হৈছে। ললিতা বা ত্ৰিপুৰাসুন্দৰীৰ বিষয়ে বৰ্ণনা থকা ব্ৰহ্মাণ্ড পুৰাণৰ ললিতোপাখ্যান খণ্ডৰ মতে ডাকিনী হৈছে ললিতাৰ এগৰাকী সেনানায়িকা বৰাহী বা দণ্ডনাথাৰ ৰথৰ এগৰাকী ৰখীয়া দেৱী। ধাতুনাথা বুলি পৰিচিতা সাতগৰাকী দেৱী হৈছে যক্ষিণী, শঙ্খিনী, লকিনী, হাকিনী, শাকিনী, ডাকিনী আৰু এই আটাইকেইগৰাকীৰ একীভূত ৰূপ হাকিনী। সকলো জীৱ আৰু জগতক ভক্ষণ কৰিবৰ বাবে তেওঁলোক সৰ্বদা সাজু হৈ থাকে। তেওঁলোকে শত্ৰুৰ শৰীৰত নিহিত সাতবিধ ধাতু ক্ৰমে ৰক্ত, চৰ্ম, মজ্জা, মেদ, অস্থি, মেৰু আৰু বীৰ্য্য ভক্ষণ তথা পান কৰে। তেওঁলোকে অনিমা অৰ্থাৎ ক্ষুদ্ৰকায় হ'ব পৰা গুণকে ধৰি অষ্টসিদ্ধি প্ৰদান কৰে। তেওঁলোক ছলনা, হত্যা, পক্ষাঘাত, আঘাত, ভক্ষণ আৰু দুষ্ট দৈত্যৰ নিধনত সিদ্ধহস্ত। সন্ত লোকৰ সকলো বিঘিনি এওঁলোকে দূৰ কৰিব পাৰে। শৰীৰৰ সকলো ধাতুতে বিদ্যমান হোৱাৰ হেতুকে তেওঁলোকক ধাতুনাথা নামেৰে জনা যায়। দেৱী কুব্জিকাৰ উপাসনা পদ্ধতিৰ বিষয়ে বৰ্ণনা থকা অগ্নি পুৰাণৰ এটা অধ্যায়ত ডাকিনী, ৰাকিনী, কাকিনী, শাকিনী আৰু যক্ষিনীক উত্তৰ-পূব দিশৰ পৰা আৰম্ভ কৰি ছয় দিশে পূজা কৰাৰ নিৰ্দেশনা দিয়া হৈছে। তান্ত্ৰিক সাহিত্যত ডাকিনীক সততে মানৱ শৰীৰৰ সপ্তধাতু বা ছয় চক্ৰৰ সৈতে যুক্ত কৰা হৈছে। কুব্জিকামাতা তন্ত্ৰত সাতগৰাকী যোগিনী দেৱী যথাক্ৰমে কুসুমমালিনী, যক্ষিনী, শঙ্খিনী, কাকিনী, লাকিনী, ৰাকিনী আৰু ডাকিনীক সাধকক প্ৰতীকীভাৱে নিজৰ বীৰ্য্য, অস্থি, মেৰু, মেদ, ৰক্ত আৰু চৰ্ম অৰ্পণ কৰিবলৈ কোৱা হৈছে। প্ৰায় একেধৰণৰ তালিকা শ্ৰীমতোত্তৰ তন্ত্ৰতো পোৱা যায়। ইয়াত উল্লিখিত দেৱীসকল হৈছে ডাকিনী, ৰাকিনী, লাকিনী, কাকিনী, শাকিনী, হাকিনী, য়াকিনী আৰু কুসুমা। কুব্জিকামাতা তন্ত্ৰৰ আন এক অধ্যায়ত ছয় চক্ৰৰ সৈতে জড়িত ছগৰাকী দেৱীৰ দুখন তালিকা দিয়া হৈছে। তাৰে এখনত অজ্ঞাৰ পৰা আৰম্ভ কৰি মূলাধাৰলৈকে ছয় চক্ৰৰ সৃজনীশীল উত্তৰ দিশটো সূচোৱা হৈছে। দ্বিতীয় তালিকাত ধ্বংসাত্মক দক্ষিণ দিশটোৰ কথা কোৱা হৈছে। পৰৱৰ্তী কালৰ তান্ত্ৰিক সাহিত্য যেনে ৰূদ্ৰায়মালা তন্ত্ৰত ডাকিনী, ৰাকিনী, লাকিনী, কাকিনী, শাকিনী আৰু হাকিনীক ছয় চক্ৰ, ধাতু, পঞ্চমহাভূত আৰু মনৰ সৈতে চিহ্নিত কৰা হৈছে। বৌদ্ধধৰ্মত ডাকিনী মাংসাহাৰী ডাকিনী লঙ্কাৱতাৰ সূত্ৰৰ এটা অধ্যায়ত মাংসাহাৰৰ সমালোচনা কৰি গৌতম বুদ্ধই ডাক আৰু ডাকিনীলৈ আঙুলিয়াই তেওঁলোকক এক সিংহিনী আৰু এক মনুষ্যৰ মিলনৰ ফলত জন্ম লোৱা মাংসভোজী ৰজা কল্মশ্বাপদৰ "নৰমাংসৰ ভয়ানক খাদক" বুলি অভিহিত কৰিছে। পূব এছিয়াৰ বৌদ্ধধৰ্ম অনুযায়ী উগ্ৰৰূপী দেৱতা মহাকালৰ সৈতে ডাকিনীসকলৰ সম্পৰ্ক দেখুওৱা হৈছে। তাঙ ৰাজবংশৰ সময়ৰ য়ি জিঙে ৰচনা কৰা মহাভৈৰৱ তন্ত্ৰ বা বৈৰোচনভীষমবুদ্ধি সূত্ৰত এই বিষয়ে বৰ্ণনা পোৱা যায়। এই আখ্যান অনুসৰি, বৈৰোচন বুদ্ধই মহাকালৰ ৰূপ লৈ ডাকিনীসকলক আহ্বান কৰে আৰু নৰমাংস পৰিত্যাগ কৰিলেহে মুক্তি দিয়াৰ চৰ্ত ৰাখি তেওঁলোকক উদৰস্থ কৰে। ডাকিনীসকলে অভিযোগ কৰে যে এনে কৰিলে তেওঁলোক ক্ষুধাৰ্ত হৈ পৰিব। তেতিয়া মহাকালে তেওঁলোকক মৃত ব্যক্তিৰ গুৰুত্বপূৰ্ণ গুণসমূহ ভক্ষণ কৰিবলৈ কৰিবলৈ অনুমতি দিয়াৰ লগতে এজন ব্যক্তিৰ মৃত্যুৰ বিষয়ে ছমাহৰ আগতেই জ্ঞান হোৱাৰ শিক্ষা দিয়ে। জাপানী বৌদ্ধধৰ্ম নৱম শতিকাৰ আৰম্ভণিতে (হেইয়ান যুগ) জাপানত পূব এছিয়াৰ গুহ্য বৌদ্ধধৰ্মৰ সূচনা হোৱাৰ লগে লগে দেশখনলৈ ডাকিনীৰ চিত্ৰখনৰো প্ৰৱেশ ঘটে। সিংগন বৌদ্ধধৰ্মৰ দুটা মণ্ডলৰ অন্যতম গৰ্ভকোষধাতু মণ্ডলত যমৰ ৰাজসভাত দক্ষিণ দিশে সপ্তমাতৃকা আৰু অন্যান্য দেৱ-দেৱীৰ লগতে তিনিগৰাকী ডাকিনীক উপস্থাপন কৰা হয়। তেওঁলোকৰ দেহ অৰ্ধনগ্ন আৰু তেওঁলোক এটা মৃতদেহৰ কাষত গোলাকাৰ পাটীত আসন গ্ৰহণ কৰে। ইয়াৰে এগৰাকীয়ে নৰদেহৰ হাত আৰু ভৰি ভক্ষণ কৰি থকাৰ লগতে দুগৰাকীয়ে হাতত কপালা (লাওখোলা) ধাৰণ কৰে। ইয়াৰে এগৰাকীয়ে হাতত দা ধাৰণ কৰি থাকে। এই মণ্ডলত চিত্ৰিত কৰা ডাকিনীসকল তিব্বতীয় বৌদ্ধধৰ্মৰ জ্ঞানস্বৰূপা ডাকিনীতকৈ হিন্দু আৰু পৌৰাণিক বৌদ্ধ শাস্ত্ৰসমূহৰ বৰ্ণনাৰ সৈতে ৰজিতা খায়। তথ্যসংগ্ৰহ হিন্দু কিংবদন্তি হিন্দুধৰ্মৰ তান্ত্ৰিক দেৱ
38256
https://as.wikipedia.org/wiki/%E0%A6%A6%E0%A6%B8%E0%A7%8D%E0%A6%AF%E0%A7%81%20%E0%A6%AD%E0%A6%BE%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A7%B0%20%E0%A6%9B%E0%A6%BF%E0%A7%B0%E0%A6%BF%E0%A6%9C
দস্যু ভাস্কৰ ছিৰিজ
দস্যু ভাস্কৰ ছিৰিজ অসমীয়া সাহিত্যৰ এক কাল্পনিক চৰিত্ৰ দস্যু ভাস্কৰ আৰু তেখেতৰ কীৰ্তি-কলাপৰ বিৱৰণ থকা থ্ৰীলাৰ উপন্যাসৰ সমষ্টি। এই চৰিত্ৰৰ স্ৰষ্টা আছিল ৰংমন। দস্যু ভাস্কৰ ছিৰিজৰ অধীনত ৰচিত ৬১খন উপন্যাসত দস্যু ভাস্কৰৰ বিভিন্ন অভিযান বৰ্ণনা কৰা হৈছে। দস্যু ভাস্কৰৰ প্ৰকৃত নাম কমল বড়া। প্ৰথম অৱস্থাত কেইগৰাকীমান সংগীৰে কমল বড়াই দুষ্টৰপৰা ডকাইতিৰে ধন কাঢ়ি দুখীয়াৰ মাজত বিলাই দিয়াৰ উদ্দেশ্য লয়। বিলোৱাৰ কামত সহায় কৰিবলৈ 'মানৱ সংঘ'নামে কল্যাণকামী অনুষ্ঠান গঠন কৰে। কিন্তু, মানৱ সংঘৰ লগত চৰকাৰী প্ৰশাসন যন্ত্ৰৰ সংঘাত আহি পৰাত কমল বড়াই আত্মগোপন কৰি ছদ্মনামত নিজৰ কাম-কাজ চলাই যাবলগীয়া হয়। 'দস্যু ভাস্কৰ' নামেৰে তেওঁ আগতে কৰা ডকাইতিকেইটা স্বীকাৰ কৰে, আৰু দস্যু ভাস্কৰক ধৰিবলৈ পুলিচলৈ প্ৰত্যাহ্বান আগবঢ়ায়। দস্যু হিচাপে আইনৰ বাহিৰলৈ যোৱাৰ পাছত ভাস্কৰে জয়ন্তীয়া পাহাৰৰ গুহা এটাত নিজৰ গোপন আস্তানা গঢ়ি তোলে। দস্যু ভাস্কৰৰ সংগী আছিল সোমন, ধীৰেণ, ফেহু, বোন্দা, ফিঙা। ইয়াৰ বাহিৰে 'নতুন বাণী' কাকতৰ সম্পাদক পীতাম্বৰ তালুকদাৰ দস্যু ভাস্কৰৰ প্ৰতি সহানুভূতি থকা, কিন্তু একে সময়তে ডকাইতিৰ বিৰূদ্ধে কাকতত নিৰ্ভয়ে লিখা-মেলা কৰা দস্যু ভাস্কৰৰ প্ৰথম অংশৰ নিয়মীয়া চৰিত্ৰ আছিল। দস্যু ভাস্কৰৰ বিপৰীতে আছিল পুলিচ বিভাগৰ ডিটেকটিভ চীফ পিনাকী শৰ্মা। পাছলৈ একে পদলৈ অধিষ্ঠিত হয় প্ৰদীপ কাকতী। ইয়াৰ বাহিৰে অনিয়মীয়াকৈ মূল কাহিনীলৈ অহা কিন্তু মুখ্য ভূমিকা লোৱা মহিলা চৰিত্ৰ আছিল চম্পা। দস্যু ভাস্কৰ প্ৰকৃত নাম কমল বড়া। ঘৰ শিৱসাগৰত। কমল বড়াৰ দহ বছৰ বয়সত পিতা হৰেণ বড়াই একমাত্ৰ খেতিৰ মাটিডৰা কেছাৰীৰ মামলাত হাৰিবলগীয়া হয়। আৰু তাৰপাছতেই পৰিয়ালটোলৈ দুখৰ দিন নামি আহে। প্ৰচুৰ মেধাৱী কমল বড়াই সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাত কটন কলেজ কৰ্তৃপক্ষৰপৰা আমন্ত্ৰণ পাই তাত স্নাতক পাঠ লয়। পৰীক্ষাৰ পাছৰ বন্ধত হোষ্টেলতে থকাৰ সময়ত কমল বড়া আৰু পুৰণি বন্ধু তথা সহপাঠী সোমন আও ১৯৫০-ৰ ভূমিকম্পৰ পাছত অসমলৈ অহা নেহৰুলৈ দানৰ বাবে আগবঢ়াবলৈ যোৱা মানুহৰ মাজত মমতাৰ অভাৱ দেখি দুয়োজন বিচলিত হৈ পৰে, আৰু তেনে ধনী মানুহৰপৰা কাঢ়ি দুখীয়াক দিবলৈ পৰিকল্পনা কৰে। প্ৰথমে অত্যন্ত চতুৰভাৱে ডকাইতি কৰি আহৰণ কৰা ধন, 'মানৱ সংঘ' নামে এক অনুষ্ঠান গঠন কৰি তাৰ জৰিয়তে দুখীয়াক দিয়াৰ পৰিকল্পনা হাতত লয়। এই অনুষ্ঠান ঠন ধৰিও উঠে। কিন্তু ঘটনাচক্ৰত মানৱ সংঘৰ সমৰ্থক আৰু ন্যায়নিষ্ঠ সাংবাদিক পীতাম্বৰ তালুকদাৰ আৰু পুলিচৰ মাজত সংঘাত আৰম্ভ হোৱাৰ কমল বড়াই দস্যু ভাস্কৰ নামেৰে ডকাইতিসমূহৰ দায়িত্ব মূৰ পাতি লয় আৰু গোপন জীৱন গ্ৰহণ কৰে। সহযোগী সকল সোমন আও দস্যু ভাস্কৰৰ স্কুলীয়া দিনৰ সহপাঠী। নগালেণ্ডৰ অধিবাসী। একেলগে কটন কলেজত শিক্ষাগ্ৰহণ কৰে। একে মতত বিশ্বাসী বাবে দুয়ো লগলাগি ধনীৰপৰা কাঢ়ি দুখীয়াক দিয়াৰ উদ্দেশ্যত ব্ৰতী হয়। সোমন আও ভাস্কৰৰ প্ৰাণৰ বন্ধু আৰু মুখ্য পৰামৰ্শদাতা। চহৰত থকা সোমনৰ ৰেষ্টুৰা আছিল ভাস্কৰৰ দলৰ অন্য এক গোপন আড্ডা। পাছলৈ সোমনে ঘাইকৈ জয়ন্তীয়া পাহাৰৰ গোপন আস্থানৰ ভিতৰতে কাম-কাজৰ তদাৰকত ৰত হয়, লগতে কাৰিকৰী কাম-কাজৰ দায়িত্ব বহন কৰে। ছিৰিজৰ প্ৰথমখন গ্ৰন্থৰপৰাই ভাস্কৰৰ সহযোগী। ফেহু ঘৰ মাজুলীত। সৰুৰেপৰাই হাতলৰ স্বভাৱৰ। চোকা যদিও স্কুলীয়া শিক্ষাত একেবাৰে মনোযোগ নিদিলে। প্ৰথমে সৰু-সুৰা চুৰিৰে আৰম্ভ কৰিলেও পাছলৈ পাকৈত চোৰত পৰিণত হয়। কিন্তু এঘৰত চুৰি কৰিবলৈ যোৱাৰ সময়ত সহকৰ্মীয়ে সৰু ছোৱালী এজনীক মূৰত আঘাত কৰাত পলাই নগৈ ছোৱালীজনীৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ বাবেহে পৰিয়ালক কয়। সেয়ে, প্ৰথমবাৰ জেললৈ যাবলগীয়া হয় যদিও, জেলত থকা সময়তে বিভিন্ন অপৰাধীৰ সংস্পৰ্শলৈ আহি পাকৈত চোৰত পৰিণত হয়। অৱশ্যে লাপি-লুপা চুৰিত ফেহুৰ ধ্যান নাছিল। কমেও এশ টকা নথকা 'দুখীয়া' মানুহৰপৰা ফেহুৱে চুৰ নকৰিছিল। এবাৰ ডকাইতি কৰাৰ উদ্দেশ্যে ভাস্কৰক গবা মাৰি ধৰে। ভাস্কৰে পাছে টিলিকতে তাক বগৰাই যাবলৈ দিয়ে। ভাস্কৰৰ শক্তি-সামৰ্থ্যত অভিভূত হৈ ফেহুৱে ভাস্কৰৰ সংগ লয়। আগলৈ ফেহুৱে ভাস্কৰক ভগবানৰ দৰে ভাবিবলৈ লয় আৰু পৰভু বুলি মাতিবলৈ ধৰে। ফেহু পেটুক স্বভাৱৰ ব্যক্তি। খাই খুউব ভাল পায় তথা আনকো খুৱাই আনন্দ পায়। ভাস্কৰৰ গোপন আস্থানত থকা সময়ত ৰন্ধা-বঢ়াৰ দায়িত্ব ঘাইকৈ ফেহুৱেই লয়। ছিৰিজৰ প্ৰথমখন গ্ৰন্থৰপৰাই ভাস্কৰৰ সহযোগী। ৰিয়াজ পাৰ্থ প্ৰথমে তীৰ্থংকৰৰ দলত আছিল। 'বিমান যুদ্ধত ভাস্কৰ' কাহিনীৰ সময়ত ভাস্কৰৰ লগত প্ৰথম কাম কৰে। পাৰ্থ এজন সুদক্ষ অভিযন্তা। তীৰ্থংকৰ এওঁ আৰম্ভণিতে নিজাববীয়াকৈ দেশ মাতৃকাৰ উদ্ধাৰৰ হকে অভিযান চলাইছিল যদিও পিছলৈ ভাস্কৰৰ দলত চামিল হয়। আধুনিক বিজ্ঞানৰ সকলো নতুন পৰিঘটনা নখ-দৰ্পণত ৰখা এজন তীক্ষ্ণধী বিজ্ঞানী। প্ৰথম প্ৰৱেশ ঘটিছিল চিৰিজৰ দ্বিতীয় উপন্যাস 'গুহামানৱ ভাস্কৰ'ত। এই অভিযানৰ কাহিনীত তীৰ্থংকৰে ভাস্কৰৰ দলত চামিল হোৱা নাছিল যদিও ভাস্কৰক প্ৰয়োজনীয় খবৰ যোগাই গৈছিল। গুহামানৱ ভাস্কৰ কাহিনীৰ শেষত বোন্দাই তীৰ্থংকৰ অপহৰণ হোৱাৰ খবৰ আনে। তীৰ্থংকৰ উদ্ধাৰ কৰাৰ লগতে চোৰাং চক্ৰটো নিশ্চিহ্ন কৰাৰ কাহিনীৰে ভাস্কৰ চিৰিজৰ তৃতীয় উপন্যাস 'চক্ৰভেদী ভাস্কৰ' ৰচিত হৈছে। ডা° ধীৰেন ডা° ধীৰেন কাকতি ডিব্ৰুগড়ৰ ল'ৰা। মেডিকেল পাছ কৰি সেই বছৰেই মানৱ সংঘৰ লগত জড়িত হৈ পৰে আৰু বলাগড় কেন্দ্ৰৰ কেন্দ্ৰপতি। বলাগড় কেন্দ্ৰতে ভাস্কৰৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহে। পাছলৈ ভাস্কৰৰ মূল দলৰ অংগ হৈ পৰে। ছিৰিজৰ প্ৰথমখন গ্ৰন্থত মানৱ সংঘৰ লগত জড়িত হিচাপেহে দেখুওৱা হয়। ফিঙা বোন্দা বোন্দাৰ এটা গাড়ী ভাল কৰা কাৰখানা আছে। আনুষ্ঠানিক শিক্ষা নাই যদিও গাড়ীৰ বিষয়ে জ্ঞান একোজন অভিযন্তাতকৈয়ো বেছি। ফেহুৰ লগত খুট-খাট কাজিয়া লাগি থাকে যদিও দুয়ো ভিতৰি বৰ ভাল বন্ধু। পুলিচ আৰু চোৰাংচোৱা বিভাগ পিনাকী শৰ্মা অসমৰ পুলিচ বিভাগৰ ডিটেকটিভ চীফ। সৎ, কৰ্মঠ এই বিষয়গৰাকীয়ে আইনৰ অধীনত ভাস্কৰক ধৰিবলৈ দৃঢ়প্ৰতিজ্ঞ যদিও ভাস্কৰৰ কাম-কাজৰ প্ৰতি তেখেতৰ সহানুভূতিও নথকা নহয়। কিৰিটী শইকীয়া ভাস্কৰৰ প্ৰতি অতি অসহিষ্ণু এইগৰাকী চোৰাংচোৱা বিষয়াই পদে পদে ভাস্কৰৰ ওচৰত লঘু হ’বলগীয়া হয়। যদিও ভাস্কৰে বহুকেইটা অভিযানৰ অন্তত অপৰাধীক তেখেতৰ হাতত ধৰাই দিয়ে তথাপি তেখেতে ভাস্কৰক চকুপাৰি দেখিব নোৱাৰে। কিন্তু তেখেতৰ পত্নী সৰ্বেশ্বৰীয়ে আকৌ ভাস্কৰক নিজৰ পুত্ৰৰ দৰে স্নেহ কৰে। ভাস্কৰে ছদ্মবেশত তেখেতৰ ঘৰত বহুবাৰ প্ৰৱেশ কৰে আৰু সৰ্বেশ্বৰীৰ আশীৰ্বাদ গ্ৰহণ কৰে। প্ৰদীপ কাকতি ইন্দ্ৰজিত দত্ত আইজিপি হায়দাৰ বিকাশ বৰুৱা অন্যান্য চম্পা বলাগড় কেন্দ্ৰত মানৱ সংঘই বানপানীৰ সময়ত কৰা সাহায্যক কাম চাবলৈ যাওঁতে, কমল বৰাই বানপানীত উটি অহা এজনী মৃতপ্ৰায় ছোৱালীক উদ্ধাৰ কৰে। ছোৱালীজনীৰ সুন্দৰ মুখখনে কমলৰ মনত এক অনুভূতিৰ জন্ম দিয়ে। ছোৱালীজনীৰ নাম মিনু, সম্পূৰ্ণ নাম মিনতি বৰুৱা। পিতৃ ভৱানী বৰুৱা। ঘৰ উজানবজাৰত। প্ৰথম দেখাত উৎপন্ন হোৱা প্ৰেমৰ অনুভূতিক কমলে জলাঞ্জলি দিয়ে, কাৰণ সি জানিছিল তাৰ সন্মুখৰ পথত সমাজৰ স্বাভাৱিক পথ নহয়। সেই পথত প্ৰেমৰ স্থান নাই। আনহাতে প্ৰথম দৰ্শনতেই মিনতিয়েও অনুভৱ কৰিছিল কমলৰ প্ৰতি এক আকৰ্ষণ। কিন্তু কমলৰ নিৰপেক্ষ আচৰণ দেখি সেই অনুভূতি ব্যক্ত নকৰে। পাছলৈ মিনতিয়েও ছদ্মনাম 'চম্পা' হিচাপে ভাস্কৰৰ পথেৰেই বাট বুলিবলৈ আৰম্ভ কৰে, যদিও ভাস্কৰৰ মূল দলৰ অংগ নাছিল। কিন্তু, ভাস্কৰৰ বিভিন্ন কামত আঁৰে আঁৰে থাকি সহায় কৰাৰ লগত ভাস্কৰৰ জীৱনৰ প্ৰতি অহা ভাবুকি দূৰতে বিদূৰ কৰিছিল। ছিৰিজৰ প্ৰথম গ্ৰন্থত মিনতি হিচাপেই উল্লিখিত, আৰু চম্পাৰ ৰূপ লয় পাছতহে। পীতাম্বৰ তালুকদাৰ 'নতুন বাণী' বাতৰি কাকতৰ সম্পাদক। মুক্তিযোদ্ধা। দেশ বিভাজনৰ ঘোৰ বিৰোধী আছিল আৰু সেই লৈ নেহৰু-পেটেল আৰু আজাদৰ লগত মনোমালিন্য হৈছিল। স্বাধীনতাৰ পাছতো সেয়ে তেওঁ কোনো পদবী লোৱা নাছিল আৰু সাংবাদিক হিচাপেই কাম কৰিছিল। কমল বড়াৰ 'মানৱ সংঘ'ৰ গঠনৰ কামত সক্ৰিয় ভাৱে অংশ লৈছিল। দস্যু ভাস্কৰৰ উদ্দেশ্যৰ প্ৰতি সহানুভূতিশীল আছিল যদিও ভাস্কৰৰ কৰ্ম-পদ্ধতিৰ তেওঁ বিৰোধী আছিল। ভাস্কৰৰ শ্ৰদ্ধাৰ পাত্ৰ। তেওঁ কমল বড়াই যে পাছলৈ দস্যু ভাস্কৰ হৈছিল সেয়া নাজানিছিল। প্ৰয়োজনত দস্যু ভাস্কৰৰ কাষতো তেওঁ থিয় দিছিল। ৰঘূনাথ পাণ্ডা ৰঘূনাথ পাণ্ডা কামাখ্যা মন্দিৰৰ পাণ্ডা। কামাখ্যা পাহৰত ভাস্কৰ ওৰফে কমলৰ ভাতঘৰ। ৰঘূনাথ পাণ্ডা আৰু পত্নীয়ে ভাস্কৰৰ জীৱনৰ বিষয়ে ভালদৰেই জানে আৰু সদায়ে ভাস্কৰৰ কুশল কামনা কৰে। কমল বৰা দস্যু ভাস্কৰ হোৱাৰ আগৰেপৰাই কমলৰ চিনাকি। ছিৰিজৰ প্ৰথম গ্ৰন্থতে উল্লেখ পোৱা যায়। খণ্ডসমূহৰ সাৰাংশ দস্যু ভাস্কৰৰ আবিৰ্ভাৱ শিৱসাগৰৰ বাসিন্দা হৰেন বৰাৰ একমাত্ৰ খেতিৰ আদালতৰ ৰায় অনুসৰি হাতচাৰা হয়। শিশু পুত্ৰ কমল আৰু মাকক লৈ পৰিয়ালটোৰ অৱস্থা হয় পানীত হাঁহ নচৰা বিধৰ। কিন্তু, দুখৰ মাজতো চোকা মগজুৰ কমল বৰাই শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰ লাভ কৰি বৃত্তি লৈ কটন কলেজত পঢ়িবলৈ আহে। লগত প্ৰিয় বন্ধু নগালেণ্ডৰ সোমন আও। পঢ়াৰ লগতে সাঁতোৰ আৰু বিভিন্ন খেলতো কমলে পাৰদৰ্শিতা দেখুৱাই সহপাঠীসকলৰ মাজত জনপ্ৰিয় হৈ পৰে। পঢ়াশুনাতকৈও খেলৰ বাবেহে কমল প্ৰখ্যাত হৈ পৰে। স্নাতক পৰীক্ষাৰ পাছত ঘৰলৈ যাব নোৱাৰি কমল আৰু সোমনে ছাত্ৰাবাসতে সময় কটায়। তেনে সময়তে আহে ১৯৫০ চনৰ বৰ ভূইঁকপ। ভূইঁকপত ক্ষতিগ্ৰস্ত মানুহৰ দুখৰ বুজ ল'বলৈ গুৱাহাটীলৈ আহে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। নেহৰুৰ সভাত দুখীয়াৰ প্ৰতি দান দিবলৈ আগবাঢ়ি যায় চহৰৰ বহু ধনী ব্যক্তি। কিন্তু, আৰ্তজনৰ সেৱাৰ বাবে বৰঙনি দিবলৈ যোৱা মানুহৰ অংগী-ভংগী দেখি কমলে অনুভৱ কৰে তাৰ মাজত আন্তৰিকতা নাই। আছে, নাম কিনাৰ আগ্ৰহ মাত্ৰ। ধনীচামে দুখীয়াক পুতৌহে কৰিছে। সহায় আগবঢ়োৱা নাই। কমলে অনুভৱ কৰে, ভিক্ষাৰে কেতিয়াও দেশৰ মংগল নহয়। সি এক কঠিন পথৰ এক নক্সা আঁকি লয়। ধনীৰপৰা কাঢ়ি তাক দুখীয়াৰ মাজত বিলাই দিয়াৰ। পাকৈত চোৰ ফেহু ঘটনাচক্ৰে কমলহঁতৰ লগ লয়। সিহঁতে সোনকালেই এক সৰু সংগঠন কৰি ধনী ব্যৱসায়ীৰ ঘৰত এক লোমহৰ্ষক ডকাইতি কৰে। সেই ধন আৰ্তজনক বিলাই দিবলৈ গঠন কৰা হ'ল মানৱ সংঘ। মানৱ সংঘৰ জৰিয়তে প্ৰকৃত দৰিদ্ৰসকললৈ সহায়ৰ হাত আগবঢ়োৱা হ'ল, আনহাতে চহৰত ঘটি গ'ল কেইবাটাও লোমহৰ্ষক ডকাইতি। ডকাইত বিচাৰি পুলিচে সাধাৰণ ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিলে। চহৰত খোদ প্ৰশাসনৰ পৰাই নিৰাপত্তাৰ অভাৱ দেখি 'নতুন বাণী' কাকতৰ সম্পাদক পীতাম্বৰ তালুকদাৰে চৰকাৰ আৰু পুলিচক দোষাৰোপ কৰিলে। দিল্লীৰপৰা আহিল আই.বি. চীফ মেনন। কিন্তু, নিজৰ অসমৰ্থতাৰ বাবে তেওঁৰ খং পৰিলগৈ পীতাম্বৰ তালুকদাৰৰ ওপৰতহে। মেননে পীতাম্বৰ তালুকদাৰক কৰা অপমান সাধাৰণ মানুহে জানিবলৈ পালে। চহৰত আন্দোলন গঢ়ি উঠিল। পুলিচে গুৱাহাটীৰ সকলো দাগী আচামীক গ্ৰেপ্তাৰ কৰিলে। কিন্তু, ফেহুক নিষ্ক্ৰিয় দেখি সন্দেহ হ'ল পিনাকী শৰ্মাৰ। ফেহুৰপৰাই কিবা শুং পোৱা যাব বুলি ভাবি তেওঁ ফেহুৰ পিছত চৰ লগালে। কমলে এই কথা জানিব পাৰি ফেহুৰপৰা পিনাকী শৰ্মাৰ সন্দেহ দূৰ কৰিবলৈ দস্যু ভাস্কৰ নামে এক ছদ্মনাম লৈ বাতৰি-কাকতত বিজ্ঞাপন দি সকলো ডকাইতিৰ দায়িত্ব নিজে মূৰ পাতি লয়, লগতে নিৰীহ জনতাক হাৰাশাস্তি নকৰিবলৈ অনুৰোধ কৰি তাক ধৰিবলৈ প্ৰত্যাহ্বান জনায়। মেননৰ অসফলতাৰ বাবে অপসাৰণ কৰি পিনাকী শৰ্মাক সৰ্বাধিনায়ক কৰা হয়। পিনাকী শৰ্মাই ফেহু, বোন্দাৰ পাছত জোৰ দি লগা দেখি কমলে দস্যু ভাস্কৰৰ ছদ্মবেশত পিনাকী শৰ্মাক লগ কৰি প্ৰত্যাহ্বান জনায় যাতে পিনাকী শৰ্মাৰ তদন্ত ভাস্কৰ কেন্দ্ৰিক হৈ থাকে। তেনে সময়তে আন এটা ডকাইতিৰ আঁচনি কৰা হয়। ডকাইতিৰ বাবে অসমৰ বাহিৰৰপৰা আহিবলগীয়া এজন ব্যক্তিক বিপথে পৰিচালিত কৰি তাৰ ঠাইত ছদ্মবেশত ভাস্কৰ সোমাই পৰে। ডকাইতি সফলতাৰে সম্পন্ন হ'লেও নিতান্ত প্ৰয়োজনত সংঘটিত কৰিবলগীয়া এক বিষ্ফোৰণৰ ফলত কিছু লোক হতাহত হয়। কমল আৰু সংগীসকল এই কথাত ব্যথিত হৈ পৰে, লগতে পিনাকী শৰ্মাই কমলক সন্দেহ কৰাৰ কথাও মনলৈ অহাত কমল আৰু সংগীসকলে নিজৰ সামাজিক পৰিচয় ত্যাগ কৰি জনসমাজৰপৰা আঁতৰি গোপন পৰিচয়েৰে জীৱন কটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কমল বৰা কলিকতালৈ গ'ল। তাৰেপৰা খবৰ আহিল-'ডায়মণ্ডহাৰবাৰত গঙ্গাৰ বুকুত ভাৰতৰ প্ৰখ্যাত খেলুৱৈ অসমৰ মুকুটমণি কমল বৰুৱাৰ সলিল সমাধি। গুহামানৱ ভাস্কৰ দ্বিতীয় মহাযুদ্ধত নাগালেণ্ডৰ সমীপত কৰ্মৰত আৰু প্ৰত্নতত্ত্বৰ প্ৰতি আগ্ৰহী এক ব্ৰিটিছ সেনা-বিষয়াই সেনাবাহিনীতে লেফটেনেণ্টৰ কাম কৰা কছাৰী ৰাজকোঁৱৰ ৰাজবংশীৰ যোগেদি এটা ৰূপৰ টেমা লাভ কৰে। টেমাটোত আছিল কছাৰী ৰাজকুমাৰী ইন্দুমতীয়ে আহোম ৰাজকোঁৱৰ ধৰ্মনাৰায়ণলৈ লিখা চাৰিশ বছৰ পুৰণি এখন চিঠি। টেমাটোৰে সৈতে চিঠিখন সেনা-বিষয়াজনে প্ৰখ্যাত প্ৰত্নতত্ত্ববিদ পাৰ্কিনচনক দান কৰি যায়। পাৰ্কিনচনে চিঠিখনৰ পাঠোদ্ধাৰ আৰম্ভ কৰে যদিও সম্পূৰ্ণ সফল হ'ব নোৱাৰিলে আৰু জাৰ্মান প্ৰাচ্যবিদ ভন গ্ৰোভাৰক বাকী থকা পাঠোদ্ধাৰৰ বাবে চিঠিখনৰ কপি এটা দি আহে। কিন্তু, অনাহুত ভাৱে গ্ৰোভাৰৰ মৃত্যু হয়, আৰু তেখেতে কৰি যোৱা কামখিনিৰ ভিতৰত চিঠিখন আৰু পাঠোদ্ধাৰৰ কামখিনি কোনোবা দুৰ্বৃত্তই চুৰ কৰি নিয়ে। ড॰ পাৰ্কিনচনে নিজে পাঠোদ্ধাৰৰ বাবে চেষ্টা কৰিবলৈ আহি অসমৰ পায়হি, আৰু ছিলঙৰ এখন হোটেলত বাহৰ পাতে। আনফালে কলিকতাত সলিল সমাধি ঘটা বুলি খবৰ ওলোৱা কমল বৰা আৰু ফিঙাৰ মৃতদেহ বিচাৰি পোৰ্ট পুলিচে চলাথ কৰিলেও দেহ বিচাৰি নেপালে যদিও কমলৰ কাপোৰ আৰু মানি-বেগ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তাৰ কিছুদিন পাছত দুয়োকে দেখা যায় ৰঙিয়া ষ্টেচনত, লগত ফেহু আৰু বোন্দা। কেউজন আহে ভাস্কৰৰ নতুন ঠিকনা জয়ন্তীয়া পাহাৰৰ এটা গুহালৈ। অৱশ্যে গুহাৰ ভিতৰখন আধুনিক ধৰণে সজ্জিত। ফেহুৱে বতৰা দিয়ে যে নাগালেণ্ডত জোতা-বেপাৰী ছেন লীয়ে এখন চিঠিৰ আধাটুকুৰা বিচাৰি দিলে তাক লাখ টকা দিম বুলিছে। চিঠিৰ টুকুৰাটো আছে ছিলঙত থকা কোনোবা বিলাতী ড॰ পাৰ্কিনচনৰ হাতত। ছিলঙৰ হোটেলত ড॰ পাৰ্কিনচনে এটা বিদেশী কোম্পানীৰ ভাৰতীয় প্ৰতিনিধি মি. কাপুৰক লগ পায় আৰু ভাল বন্ধু হৈ পৰে। মি. কাপুৰে চিঠিখনৰ বিষয়ে জানিব পাৰি সেই বিষয়ে নিজে যি পাৰে কৰিব বুলি আশ্বাস দিয়ে। আনফালে, গুৱাহাটীৰ অভিজাত হোটেল 'ৰিভাৰ ভিউ'ত এক জাপানী দম্পতীয়ে বাহৰ পাতে। সেই হোটেলতে আহি উপস্থিত হয় ইটালিয়ান স্থপতিবিদ ইমানুৱেল। স্থানাভাৱত তেওঁ জাপানী দম্পতীৰ আলহী হ'বলগীয়া হয়। কিন্তু, সেই ৰাতিয়েই জাপানী দম্পতীৰ কোঠাৰপৰা এটা খাম চুৰি হয়। চোৰৰ হাতৰপৰা ইমানুৱেলে সেই খামটো নিজৰ হাতলৈ আনি হোটেলৰপৰা নোহোৱা হৈ যায়। পিনাকী শৰ্মাই জানিব পাৰে মি. কাপুৰ আৰু ইমানুৱেলৰ ছদ্মবেশত আছিল স্বয়ং ভাস্কৰ। ৰঘূনাথ পাণ্ডাৰ ঘৰত ভাস্কৰ আৰু সোমন লগ হয় আৰু ভাস্কৰে সেই খাম সোমনৰ হাতত অৰ্পণ কৰি তাৰ অৰ্থ উদ্ধাৰ কৰিবলৈ কয়। সোমনে দুদিনৰ সময় বিচাৰে। দুদিনৰ পাছত সোমনে পাঠোদ্ধাৰ কৰি জনায় যে তাত আছে এক অভূতপূৰ্ব প্ৰেমৰ কাহিনী আৰু গোপন ধন-ভাণ্ডাৰৰ ঠিকনা। সেই ধন-ভাণ্ডাৰৰ পিছতেই লাগিছে এক আন্তৰ্জাতিক চোৰাং চিকাৰীৰ এটা দল। জোতা-বেপাৰীৰ বেশত জাপানী মি. আৰু মিছেছ তাজাকি সেই দলৰে কৰ্মকৰ্তা। সোমনৰ মতামত অনুসৰি সেই ভাণ্ডাৰৰ স্থানত আহি ভাস্কৰ আৰু সংগীসকলে বাহৰ পাতে। কিন্তু, ধন-ভাণ্ডাৰৰ আছে পৰাক্ৰমী নগা গাঁও এখনৰ ভিতৰত, আৰু যিটো শিলে সেই ধন-ভাণ্ডাৰৰ দুৱাৰ আগচি ৰাখিছে সেইটৌ সেই গাঁৱৰ দেৱতা বুলি জনাজাত। গাঁৱখনৰ মানুহে অচিনাকি কোনো ব্যক্তি তেওঁলোকৰ মাজলৈ যোৱাটো পছন্দ নকৰে। কিন্তু, ফিঙাৰ বুদ্ধি অনুসৰি গাঁওবাসীৰ লগত বন্ধুত্ব পাতিবলৈ দুটা ডাঙৰ কুকুৰা আৰু চুৰট লৈ ভাস্কৰ আৰু ফেহু গাঁৱলৈ যায় আৰু বুদ্ধিৰে মানুহখিনিৰ লগত বন্ধুত্ব পতাৰ লগতে সাতদিনলৈ সেই শিলটোক পূজা কৰাৰ অনুমতিও আদায় কৰি লয়। ভাস্কৰৰ দলটো আৰু বাহিৰৰ মাজত যোগাযোগ ৰক্ষা কৰে আন এক আত্মগোপনকাৰী দস্যু তীৰ্থকংৰে। তীৰ্থকংৰ ভাস্কৰৰ দলৰ অংশ নাছিল, কিন্তু উদ্দেশ্যেৰ মিলৰ বাবে দুয়ো দুয়োকে সহায় কৰে। তীৰ্থকংৰেই বতৰা দিয়ে জাপানী দম্পতীয়েও দল-বল লৈ আহি সেই স্থানত উপস্থিত হৈছে। দস্যু ভাস্কৰে তীৰ্থকংৰৰ সংগীৰ সহায়ত দুই জাপানী দম্পতীক বন্দী কৰি নিজৰ কেম্পত ৰাখে। আনহাতে, শেষ পূজাৰ অচিলা লৈ গাঁৱৰ মানুহক সুৰাৰ ৰাগীত অসাৰ কৰি ৰাখি শিলটো উঠাই ভিতৰত থকা ধন-সম্পত্তি লৈ ওলাই আহে। অৱশ্যে অহাৰ সময়ত শিলটোক আকৌ স্ব-স্থানত ৰাখিবলৈ পাহৰা নাছিল। আনহাতে ফেহুৰ পম খেদি পিনাকী শৰ্মাও আহি ডিমাপুৰ পায়হি। ফেহুক তেওঁ দেখা পায় আৰু তাৰ পাছত চোৰাংচোৱা নিয়োগ কৰে। চোৰাংচোৱাৰ বাতৰি অনুসৰিয়েই তেওঁ নিশা দল-বল লৈ ভাস্কৰৰ কেম্পত উপস্থিত হয়। কিন্তু, কেম্পৰপৰা ভাস্কৰ আৰু দল-বল উধাও হয়, তেওঁলোকে উদ্ধাৰ কৰে মি. আৰু মিছেছ তাজাকিক। কিন্তু ওভতাৰ বাটত মি. আৰু মিছেছ তাজাকিৰ সংগীসকলে পিনাকী শৰ্মাৰ গতি ৰোধ কৰে আৰু তাজাকি দম্পতীক লৈ পলাই যাবলৈ সক্ষম হয়। গোপন ভাণ্ডাৰত উদ্ধাৰ হোৱা এক অপূৰ্ব কাঠৰ বাকচ আৰু কেইটামান সোণৰ মোহৰ ভাস্কৰৰ চিঠিৰে সৈতে ড॰ পাৰ্কিনচনে লাভ কৰে। অসমৰ ইতিহাসৰ এক অনন্য অধ্যায় উদ্ধাৰৰ পাছত ভাস্কৰে কিছুদিন বিশ্ৰামৰ কথা ভাবিছিল যদিও বোন্দাই খবৰ আনে যে তীৰ্থকংৰ অপহৃত হৈছে। তীৰ্থকংৰে এটা বিদেশী চক্ৰৰ ওপৰত চকু ৰাখি আছিল, আৰু সেই দলেই তাক অপহৰণ কৰিছে। ভাস্কৰে লগে লগে সেই চক্ৰ ভেদ কৰাৰ পণ লয়। চক্ৰভেদী ভাস্কৰ চক্ৰভেদী ভাস্কৰৰ কাহিনীৰ আৰম্ভণিৰ আভাস ইয়াৰ পূৰ্বৱৰ্তী উপন্যাস 'গুহামানৱ ভাস্কৰ'তে দি ৰখা হৈছে। দস্যু ভাস্কৰৰ দৰে একে লক্ষ্যৰে জীৱন আৰম্ভ কৰা তীৰ্থকংৰে পাকিস্তানী (বৰ্তমানৰ সাঙুৰি) এক চক্ৰই অসমৰপৰা সীমান্তৰ সামৰিক ছাউনিসমূহৰ গোপন মানচিত্ৰ হস্তগত কৰিবলৈ কাম আৰম্ভ কৰে। এই কামত নিয়োগ কৰা হয় এগৰাকী সুদক্ষ পাকিস্তানী গুপ্তচৰ নাৰ্দা ইব্ৰাহিমক। নাৰ্দা ইব্ৰাহিমক সহায় কৰিছিল নাচিৰ আল খাঁ নামৰ আন এজন দুৰ্ধষ গুপ্তচৰ-অপৰাধীয়ে। নাৰ্দা ইব্ৰাহিম আৰু সংগীসকলৰ গোপন আলোচনা শুনি থকাৰ সময়তে তীৰ্থংকৰ চক্ৰটোৰ হাতত বন্দী হয়। তীৰ্থংকৰক উদ্ধাৰ কৰা আৰু পাকিস্তানী চক্ৰটোক বিফল কৰিবৰ বাবে ভাস্কৰে মন স্থিৰ কৰাৰ বাৰ্তা লৈ 'গুহামানৱ ভাস্কৰ'ৰ কাহিনীৰ সমাপ্তি ঘটিছিল। 'চক্ৰভেদী ভাস্কৰ'-ৰ মূল পটভূমি তেতিয়াৰ অসমৰ ৰাজধানী ছিলং চহৰ। ছিলঙৰ এখন আভিজাত হোটেলত আহি নাৰ্দা ইব্ৰাহিমে বাহৰ পাতে, আৰু তাতেই অসম চৰকাৰৰ উচ্চ পৰ্যায়ৰ বিষয়া কন্দৰ্পনাৰায়ণ আৰু জাফৰ আলিৰ লগত মানচিত্ৰখনৰ লেনদেনৰ বন্দৱস্ত হয়। কন্দৰ্প নাৰায়ণে এক বিশাল অংকৰ বিনিময়ত মানচিত্ৰখন যোগান ধৰিবলৈ মান্তি হয়। কিন্তু হোটেলতে দস্যু ভাস্কৰে নাৰ্দা ইব্ৰাহিম সাৱধান বাণী শুনাই যায়। নাৰ্দা ইব্ৰাহিমে দস্যু ভাস্কৰে তেখেতৰ শ্লীলতা হানিৰ চেষ্টা কৰা বুলি ডিটেকটিভ চীফ পিনাকী শৰ্মাক জনায়। পিনাকী শৰ্মাই ভাস্কৰৰ বিৰূদ্ধে অহা এই অভিযোগ কৈ মানি ল'ব নোৱাৰে যদিও বৈদেশিক ৰাষ্ট্ৰৰ লগত সম্পৰ্কৰ কথা আহি পৰাৰ বাবে ভাস্কৰক গ্ৰেপ্তাৰ কৰিবলৈ বিশেষ কাৰ্য্যকৰী ব্যৱস্থা হাতত লয়। কিন্তু, ভাস্কৰে আহি পিনাকী শৰ্মাক লগ ধৰে, আৰু নাৰ্দা ইব্ৰাহিমৰ প্ৰকৃত স্বৰূপ শৰ্মাৰ আগত উদঙাই দিয়াৰ লগতে, তেওঁলোকৰ প্ৰকৃত উদ্দেশ্যৰ কথা ব্যক্ত কৰে। চক্ৰান্ত অনুসৰিয়েই কন্দৰ্পনাৰায়ণ আৰু নাৰ্দা ইব্ৰাহিমৰ মাজত পাঁচ লাখ টকাৰ লেন-দেন হয়, আৰু সামৰিক মানচিত্ৰখন নাৰ্দা ইব্ৰাহিমৰ দলে লাভ কৰে। কিন্তু, তালে তালে থকা দস্যু ভাস্কৰে লগে লগে সেই খবৰ পিনাকী শৰ্মাক দিয়ে। পিনাকী শৰ্মাই বিমানেৰে ভাৰতৰপৰা যাবলৈ ওলোৱা নাৰ্দা ইব্ৰাহিমৰ দলটোক ধৰিবলৈ বৰঝাৰ বিমান-কোঠলৈ ঢাপলি মেলে। কন্দৰ্পনাৰায়ণে লাভ কৰা পাঁচ লাখ টকা ভাস্কৰে লুট কৰে, আৰু কন্দৰ্পনাৰায়ণ আৰু জাফৰ আলিক প্ৰমাণ সহাকৰে পিনাকী শৰ্মাৰ মানুহৰ হাতত গতাই দিয়ে। পিনাকী শৰ্মা বৰঝাৰ বিমান কোঠত উপস্থিত হয় মানে নাৰ্দা ইব্ৰাহিমৰ বিমান গৈ ৰান-ৱে-ত উপস্থিত হয়, আৰু উৰিবলৈ সেউজ সংকেতো লাভ কৰে। তেনেতে এখন হেলিকপ্তাৰে বিজুতি হোৱাৰ খবৰ দি ততাতৈয়াকৈ বিমানকোঠত নামিবৰ অনুমতি বিচাৰে। হেলিকপ্তাৰখনক উৰিবলৈ সাজু হৈ থকা বিমানখনৰ বাবে ৰানৱেত নানামি কাষত নামিবলৈ কোৱা হয়। কিন্তু, হেলিকপ্তাৰখন আহি নাৰ্দা ইব্ৰাহিমৰ বিমানৰ সন্মুখতে নামি পৰে। অগত্যা বিমানখন ৰৈ যাবলৈ বাধ্য হয়। তেনেতে পিনাকী শৰ্মা আহি ৰানৱে-ত উপস্থিত হয় আৰু বিমানখনৰ যাত্ৰা বাতিল কৰিবলৈ আদেশ দিয়ে। নাৰ্দা ইব্ৰাহিম আৰু দল-বল গ্ৰেপ্তাৰ হয়। হেলিকপ্তাৰখনৰ কথা সকলোৱেই পাহৰিয়েই গৈছিল, সেইখন সকলোৰে অলক্ষিতে তাৰপৰা উৰি নেদেখা হৈ যায়। কাহিনীৰ কালঃ প্ৰথমেই উল্লেখ কৰা অনুসৰি কাহিনীৰ সময় ১৯৫১ চন। আৰু নাৰ্দা ইব্ৰাহিমে চৰকাৰীভাৱে ভাৰতত পদাৰ্পণ কৰা তাৰিখ আছিল জানুৱাৰী মাহৰ ১৮ তাৰিখ। কিন্তু ইয়াৰ পৰৱৰ্তী ‘বিমান যুদ্ধত ভাস্কৰ’ত কাহিনীৰ সময় এই কাহিনীৰ এমাহ বুলি কোৱা হৈছে যদিও ১৯৫৬ চনৰ জানুৱাৰী মাহ বুলি উল্লেখ কৰিছে। এই্ কাহিনীত বিৰূচন নামৰ ভাস্কৰৰ এজন সংগীৰ উল্লেখ আছে, যাৰ কথা-বতৰাৰ ভংগী কিছু পৰিমাণে ফেহুৰ দৰে। ফেহুৰ লগত এটা প্ৰতিযোগিতাৰ ভাৱো বিৰূচনৰ থকা বুলি দেখুওৱা হৈছে। বিৰূচনৰ উল্লেখ পাছৰ কাহিনীবোৰত সিমান পোৱা নাযায়। বিমান যুদ্ধত ভাস্কৰ কাহিনীৰ সময় ১৯৫৬ চন। ‘চক্ৰভেদী ভাস্কৰ’ৰ কাহিনীৰ পাছৰ ঠিক এমাহ পাৰ হৈ গৈছে। দস্যু ভাস্কৰ আৰু সংগীসকলৰ হাতত তেনে কোনো বিশেষ কাম নাই। সেয়ে, অৱসাদে আহি প্ৰতিজনকে চুই গৈছে। কিন্তু, ভাস্কৰে অনুমান কৰিছে যে পিনাকী শৰ্মাই এইবাৰ ভাস্কৰক ধৰিবলৈ বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিছে। সমগ্ৰ পুলিচ-বাহিনীয়ে একমাত্ৰ ভাস্কৰক বিচাৰিয়েই মন-প্ৰাণ এক কৰিছে। মাত্ৰ তীৰ্থংকৰ তেতিয়াও বাহিৰত আৰু আলেখ-লেখ চাই ফুৰিছে, আৰু পিনাকী শৰ্মাৰ পৰিকল্পনাৰ চিত্ৰখন জানিবলৈ চেষ্টা কৰিছে। এদিন তীৰ্থংকৰ আহি ভাস্কৰক পিনাকী শৰ্মাৰ আঁচনিৰ বিষয়ে জনালে কিন্তু লগতে দিলে আন এটা বিষম খবৰ। কুখ্যাত নাৰী ব্যৱসায়ী লালজী আৰু তাৰ মেক্সিকান সহযোগী বিলি ব্ৰাউন ওৰফে ‘ডাৰ্ক বিলি’ অসমত উপস্থিত। ইতিমধ্যে সিহঁতে প্ৰায় সাতজনী গাভৰু অপহৰণ কৰিছে, কিন্তু এতিয়াও চালান দিয়া নাই, আৰু কেইজনীমান একেলগে লৈ যোৱাৰ আঁচনি কৰিছে। এই্ খবৰ শুনি ভাস্কৰে নাৰী-ব্যৱসায়ী চক্ৰটো উৎখাত কৰিবলৈ সিদ্ধান্ত লয়। সহযোগী সকলক অভিযানত নামি পৰিবলৈ আদেশ কৰে, একে সময়তে পিনাকী শৰ্মাৰ চকুৰপৰাও আঁতৰত থাকিবলৈ আদেশ দিয়ে। গুৱাহাটীৰ জাজ ফিল্ডত অনুষ্ঠিত হ’বলগীয়া নিখিল ভাৰত সংগীত সমাৰোহৰ বাবে গুৱাহাটীলৈ বিভিন্ন প্ৰান্তৰ মানুহৰ আগমণ ঘটিছে আৰু ধনী মানুহখিনিয়ে বাহৰ পাতিছে হোটেল ‘ৰিভাৰ ভিউ’ত। তাৰে মাজত আছে মিঃ ভাৰ্মা ওৰফে লালজীয়ে। ১০ জানুৱাৰী অৰ্থাৎ নিখিল ভাৰতীয় সংগীত সমাৰোহৰ অনুষ্ঠানৰ দিনা টিকেটৰ বাবে হোৱা বিশৃংখলতাৰ মাজত তিনিজনী গাভৰু নোহোৱা হৈ পৰিল। একে ৰাতিয়েই টকৌবাৰী চাহ-বাগিচাৰ সহকাৰী মনেজাৰ মি. বৰুৱা আৰু পত্নী ৰীতা বৰুৱা আলহী হ’ল মিঃ ভাৰ্মাৰ হোটেল ছ্যুটত। দস্যু ভাস্কৰে পিনাকী শৰ্মাক নাৰী ব্যৱসায়ী চক্ৰটোৰ আগমণৰ বতৰা দিয়াৰ লগতে, সমগ্ৰ পুলিচ বিভাগে তাৰ লগত লাগি থাকি এই চক্ৰটোৰ বিষয়ে একেবাৰে অজ্ঞ হৈ থকাৰ বাবে ককৰ্থনাও কৰে। অৱশ্যে চক্ৰটোক পিনাকী শৰ্মাৰ হাতত গতাই দিয়াৰ আশ্বাসো দিয়ে। পিছদিনা ৰতিপুৱা বুজা গ’ল ‘ৰিভাৰ ভিউ’ হোটেলৰ প্ৰায় প্ৰতিজন আলহীৰ কোঠাৰপৰাই সকলো গহণা-গাঁথৰি অদৃশ্য হৈছে। লগতে, নোহোৱা হৈছে ৰীতা বৰুৱা সমন্বিতে মিঃ ভাৰ্মাও। দস্যু ভাস্কৰৰ সহযোগী সকলে বাহৰ পাতে নিৰ্মীয়মান শৰাইঘাট দলঙৰ কাষত গঢ়ি উঠা অস্থায়ী শ্ৰমিকৰ বাসস্থানৰ মাজত। লালজী আৰু বিলিয়ে ঘাটি পাতি লৈছে ব্ৰহ্মপুত্ৰ পাৰৰে জয়াল বুলি জনাজাত ‘ৰজামৰা হাবি’ৰ মাজত। তাতেই সিহঁতে অপহৰণ কৰা ছোৱালীকেইজনীকো আনি ৰাখিছে। কিন্তু বিলিয়ে উন্মাদ হৈ ৰীতা বৰুৱাৰ শ্লীলতা হানিৰ চেষ্টা কৰাত লালজীৰ লগত তাৰ বিৰোধ হয়। তথাপিও ব্যৱসায়ৰ স্বাৰ্থতে দুয়ো-দুয়োৰে লগ-লাগি থাকিবলৈ চেষ্টা কৰে। আনহাতে দস্যু ভাস্কৰে পাছ লোৱা বুলি জানিব পাৰি যিমান পাৰি সোনকালে ছোৱালী কেইজনী লৈ পলাই যোৱাৰ যোজা কৰে। লালজীৰ পৰিকল্পনা আছিল বিমানৰ যোগেৰে আটাইতকৈ সুন্দৰী ছোৱালীকেইজনীক প্ৰশান্ত মহাসাগৰৰ হনুলুলু দ্বীপলৈ। য’ত তেওঁ আন এটা আস্থানা গঢ়ি তুলিছে। লালজীৰ আধুনিক বিমান প্ৰায় সাজু হৈ আছেই। লালজীৰ লগত মোকাবিলা কৰিবলৈ ভাস্কৰে ছলেৰে ভাড়ালৈ লয় ব্যৱসায়ী মিঃ ভাৰ্গৱৰ আধুনিক বিমান এখন। কিন্তু, সেইখন বিমান গতিৰ জোখাৰে লালজীৰ বিমানৰ লগত টক্কৰ দিব পৰা বিধৰ নহয়। তীৰ্থংকৰৰ সহযোগী আৰু পাছলৈ ভাস্কৰৰ দলৰ সদস্য পাৰ্থই সহজেই মটৰ বোট এখনক দেখাত কাঠৰ মাছমৰীয়া নাৱৰ দৰে কৰি সাজি উলিয়ায়, আৰু সেই নাৱেৰে গৈ ৰজামৰা দ্বীপৰ প্ৰৱেশ পথত থকা প্ৰহৰীসকলক অসাৰ কৰে। কিন্তু, লালজী আৰু বিলিয়ে ঘটনাৰ অস্বাভাৱিকতা দেখি তিনিজনী ছোৱালী লগত লৈ খৰখেদা কৰি নিজৰ বিমানখন লুকুৱাই থোৱা দ্বীপটোলৈ আহে। কিন্তু, বিমানত উঠিবলৈ যো-জা কৰোঁতে এখন হেলিক্প্তাৰ আহি বিমানখনলৈ গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে। উপায়ন্তৰ হৈ লালজী আৰু বিলিয়ে আত্মসমৰ্পণ কৰে, হেলিকপ্তাৰখনত থকা তিনিজন আৰোহীয়ে ছোৱালীকেইজনী উদ্ধাৰ কৰে। তেনেতে, পিনাকী শৰ্মা দল-বল লৈ সেই দ্বীপৰ পাৰত বোটেৰে আহি উপস্থিত হয়। হেলিক্প্তাৰখনে লৈ অহা তিনিওজন আৰোহীকে লৈ উৰা মাৰে। এজন পুলিচ অফিচাৰে হেলিক্প্তাৰখনলৈ বন্দুক টোঁৱায় যদিও পিনাকী শৰ্মাই গুলী মাৰিবলৈ বাধা দিয়ে। এই কাহিনীতে প্ৰথমে পাৰ্থৰ পদাৰ্পন হৈছে। পাৰ্থক এগৰাকী সুদক্ষ ইঞ্জিনীয়াৰ। বোন্দাই পাৰ্থৰ কুশলতা দেখি মুগ্ধ হৈ পৰে। তীৰ্থকংৰে ক্ষন্তেক সময়ৰ বাবে ভাস্কৰৰ একাগ্ৰতাক সন্দেহ কৰে যদিও পাছ মুহূৰ্ততে আঁৰত থকা কাৰণ বিচাৰি উলিয়ায়, আৰু ভাস্কৰৰ বিচক্ষণতা দেখি ভক্তি-ভাৱ আৰু বাঢ়িহে যায়। হোটেল ৰিভাৰ-ভিউ-ত গহণা লুট কৰি সেই ধন ভাস্কৰৰ তহবিলত জমা দিয়াৰ পৰিকল্পনাও নিজেই কৰে। ফিঙাৰ আগৰ অপৰাধী জীৱনৰ অভিজ্ঞতাই ভাস্কৰক লালজী আৰু বিলিক চিনাত সহায় কৰে। ঐতিহাসিক উল্লেখঃ শৰাইঘাট দলঙৰ নিৰ্মাণ কাৰ্যৰ উল্লেখ। কাহিনীৰ সময় লেখকে জনাই দিয়া অনুসৰি ১৯৫৬। উপন্যাসৰ আৰম্ভণিতে এই কাহিনী চক্ৰভেদী ভাস্কৰৰ কাহিনীৰ এমাহ পাছৰ বুলি উল্লেখ কৰিছে যদিও ‘চক্ৰভেদী ভাস্কৰ’ত কাহিনীৰ সময় ১৯৫১ চনৰ জানুৱাৰী মাহ বুলি উল্লেখ কৰা হৈছে। দস্যু ভাস্কৰৰ অন্তৰ্ধান দস্যু ভাস্কৰ আৰু অদৃশ্য দানৱ অস্থিৰ সীমান্ত আৰু দস্যু ভাস্কৰ ভাস্কৰৰ প্ৰতিজ্ঞাপূৰণ ক্ষমাহীন ভাস্কৰ বন্ধু ভাস্কৰ জুলিবা পাৰত ভাস্কৰ ভাস্কৰৰ ক্ৰোধবহ্নি নৰঘাতক ভাস্কৰ দস্যু ভাস্কৰ আৰু মন্ত্ৰীপতন দস্যু ভাস্কৰ আৰু মৃত্যুদূত কমাণ্ডো নেতা ভাস্কৰ দস্যু ভাস্কৰ আৰু ৰাণী হিন্দোল ভাস্কৰৰ অগ্নিবাণ যাদুকৰ ভাস্কৰ ভাস্কৰ আৰু লুইতকন্যা ভাস্কৰৰ সমুদ্ৰবিজয় ভাস্কৰ আৰু মহাকাল ভাস্কৰ আৰু কেবিন নং ২২ দস্যু ভাস্কৰ আৰু শিলাজতু ভাস্কৰ আৰু সৰ্পসন্যাশী দস্যু ভাস্কৰ আৰু মিচৰকুমাৰী দস্যু ভাস্কৰ আৰু ৰত্নমালা বহুৰূপী ভাস্কৰ অগ্নিবৰ্ণ ভাস্কৰ ভাস্কৰ আৰু বিমানদস্যু ভাস্কৰ আৰু মহাৰাজ দস্যু ভাস্কৰ আৰু হিপ্পি বন্দী ভাস্কৰ (১ম) বন্দী ভাস্কৰ (২য়) ভাস্কৰ আৰু ৰাক্ষসী ছিনাই দস্যু ভাস্কৰ আৰু পেড়াপট্টি দস্যু ভাস্কৰ আৰু প্ৰেতাত্মা দস্যু ভাস্কৰ আৰু আকাল ভাস্কৰ আৰু সাগৰ ৰজা দস্যু ভাস্কৰ আৰু মিনতি ভাস্কৰ আৰু অভিনেত্ৰী অধিবক্তা ভাস্কৰ ভাস্কৰ আৰু চম্পা ভাস্কৰৰ ভেড়াকুটি ভাস্কৰ আৰু কুন্তিলাল মৰমী ভাস্কৰ জীয়া জুইত ভাস্কৰ ভাস্কৰ বিহনে চম্পা ভাস্কৰ আৰু ডবল এজেণ্ট ভাস্কৰ আৰু ছদ্মবেশী স্মাগলাৰ ভাস্কৰ আৰু স্নেপড্ৰেগন যন্ত্ৰযুদ্ধত ভাস্কৰ দুৰ্জয় বৈৰী ভাস্কৰ ভাস্কৰ আৰু যুৱৰাজ ভাস্কৰ আৰু নিষাদ ভাস্কৰ আৰু হেৰুৱা সূত্ৰ ভাস্কৰ আৰু মৰুশিয়াল ভাস্কৰ আৰু ৰুদ্ৰপতি ভাস্কৰ আৰু দুই বদমাছ ভাস্কৰ আৰু ছদ্মবেশী গিৰিৰাজ ভাস্কৰ তথ্য সমল ৰংমন, দস্যু ভাস্কৰৰ আৱিৰ্ভাৱ, শ্ৰীভূমি পাব্লিচিং কোম্পানী, কলকাতা নৃপেন ৰয়, অসমীয়া ৰহস্য সাহিত্য আৰু ৰংমন, পদক্ষেপ প্ৰকাশন, বৰপেটা অসমীয়া গ্ৰন্থ গ্ৰন্থ
2243
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A7%B0%E0%A6%BF%E0%A6%AE%E0%A6%97%E0%A6%9E%E0%A7%8D%E0%A6%9C%20%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE
কৰিমগঞ্জ জিলা
কৰিমগঞ্জ জিলা অসমৰ এখন প্ৰশাসনিক জিলা। ১৮৭৮ চনত কৰিমগঞ্জ নগৰক সদৰ হিচাপে লৈ তদানীন্তন ব্ৰিটিছ ভাৰতৰ নৱসংগঠিত অসম ৰাজ্যৰ ছিলেট জিলাৰ এটা মহকুমা হিচাপে কৰিমগঞ্জ মহকুমা গঠন কৰা হৈছিল। ১৯৪৭ চনত স্বাধীনতাৰ সময়ত হোৱা দেশ বিভাজনত ছিলেট জিলা পূৱ পাকিস্তান (বৰ্তমানৰ বাংলাদেশ)-লৈ হস্তান্তৰিত হয় যদিও সেইসময়ৰ অবিভক্ত কৰিমগঞ্জ মহকুমাৰ চাৰে তিনিখন থানাৰ অঞ্চলৰে গঠিত সংকুচিত কৰিমগঞ্জ মহকুমা ভাৰতৰ অসম ৰাজ্যৰ কাছাৰ জিলাৰ এক মহকুমা হিচাপে অন্তৰ্ভুক্ত হয়। এই অঞ্চল কেইটা আছিল: ৰাতাবাৰী থানা, পাথাৰকান্দি থানা, বদৰপুৰ থানা আৰু কৰিমগঞ্জ থানাৰ আধা অঞ্চল। ১৯৮৩ চনৰ ১ জুলাই তাৰিখৰ পৰা অসম চৰকাৰে কৰিমগঞ্জ মহকুমাক পূৰ্ণপৰ্যায়ৰ জিলাৰ স্বীকৃতি দিয়ে। ইতিহাস আদি কাল বৰ্তমানৰ কৰিমগঞ্জ জিলাৰ ইতিহাস সুস্পষ্ট নহয়। উপলব্ধ উৎসৰ উপকৰণ আৰু প্ৰামাণৰ সহায়ত উক্ত অঞ্চলৰ ইতিহাসৰ সময়ানুক্ৰমিক সন্ধান উলিওৱাতো টান। বৃহৎ ব্যৱধানেৰে এটা মাত্ৰ ৰূপৰেখাহে অংকন কৰিব পৰা যায়। ভাস্কৰবৰ্মণে লিপিৱদ্ধ কৰি থৈ যোৱা নিধানপুৰ তাম্ৰলিপিৰ পৰা এয়া গম পোৱা যায় যে ষষ্ঠ শতিকালৈ প্ৰায় এশ বছৰ কাল অঞ্চলটো কামৰূপ সাম্ৰাজ্যৰ অধীনতে আছিল। অগ্ৰদূত অভিবাসী ব্ৰাহ্মিণসকলৰ পৃষ্ঠপোষকতাত অৰ্থনৈতিকভাৱে নাঙল ব্যৱহাৰ কৰি খেতি কৰা আৰ্যীয় পদ্ধতিয়েই এই সময়ছোৱাৰ আৰম্ভণি আছিল বুলি জনা যায়। চমতা মৰুন্দনাথৰ কলাপুৰ তামৰ ফলিৰ পৰা জনা যায় যে ৭ম শতিকাত এই অঞ্চল উত্তৰ কাছাৰৰ সৰু টিলাবোৰৰ সৈতে পূৰ্ব্ব বংগৰ চমতা সাম্ৰাজ্যৰ অধীনত আছিল। অৱশ্যে এয়া সঁচা বুলি প্ৰমাণ কৰিবলৈ কোনো ধৰণৰ নিশ্চিত তথ্য আৰু প্ৰমাণ পোৱা নাযায়। দশম শতিকাত পূৰ্ব্ব বংগৰ প্ৰখ্যাত চন্দ্ৰ বংশৰ ৰজা শ্ৰীচন্দ্ৰই সম্পূৰ্ণ এলেকাটো তেওঁৰ বংগ সাম্ৰাজ্যৰ অধীনলৈ নিছিল। এই সময়ছোৱাত পঞ্চখণ্ডত (কৰিমগঞ্জ নগৰৰ পৰা ৮ কিলোমিটাৰ দূৰৈত; বৰ্তমান বাংলাদেশত অৱস্থিত) অৱস্থিত চন্দ্ৰপুৰ মঠ শিক্ষাৰ উল্লেখনীয় কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছিল। প্ৰখ্যাত বুৰঞ্জীবিদ ডি. ছি. সৰকাৰৰ মতে আদিতে এই চন্দ্ৰপুৰ মঠটো সমগ্ৰ পূৰ্ব্ব ভাৰতৰ ভিতৰতে হিন্দু-শিক্ষাৰ বাবে আটাইতকৈ ডাঙৰ কেন্দ্ৰ আছিল। গোৱিন্দকেশৱ দেৱ আৰু ঈষাণ দেৱৰ ভতেৰাৰ লিপিৰ পৰা জনা যায় যে দ্বাদশ শতিকাত তাত শ্ৰীহট্ট ৰাজ্য নামেৰে এখন স্বাধীন ৰাজ্য আছিল আৰু সমগ্ৰ কৰিমগঞ্জ জিলাৰ লগতে কাছাৰ সমভূমিৰো কিছু অংশ ইয়াৰ অন্তৰ্ভুক্ত আছিল। মধ্যযুগ শ্বাহ জালাল নামৰ য়েমেনৰ পৰা অহা মুছলিম চুফী ফকীৰজনে ১৩২৮ চনত চিলেট জয়লাভ কৰাৰ পিছত শ্ৰীহট্টৰ লগতে কৰিমগঞ্জৰো বৃহৎ এলেকা এটা বংগ চুলতানৰ অধীনলৈ যায়। সেই সময়ত কৰিমগঞ্জ জিলাৰ বৰ্তমান পথেৰকান্দিৰ থানা থকা অঞ্চলটো ত্ৰিপুৰাৰ ৰজাৰ অধীনত আছিল। ১৩ শতিকাৰ শেষভাগত মিৰ্জা মালিক মহম্মদ টুৰাণিৰ অধীনত অহা বৃহৎ পাৰ্চী বাহিনীয়ে এই অঞ্চলৰ বদৰপুৰ নগৰ দখল কৰে। টুৰাণিয়ে নিজকে ৰজা ঘোষণা কৰে আৰু পৰাজিত নগৰাধ্যক্ষ খাচী চীফ পুৰা ৰাজাৰ কন্যা উমাৱতীক বিয়া কৰায়। সেই পৰিয়ালটোৱে পিছৰ বংশধৰ মালিক প্ৰতাপ ৰাজাই সমগ্ৰ পথেৰকান্দি জয়লাভ নকৰালৈকে তেওঁলোকৰ সাম্ৰাজ্য বহলোৱা কাম কৰি আছিল। হুছেইন শ্বাহৰ ৰাজত্বকালত (১৪৮৩-১৫১৯) সেই সময়ত প্ৰতাপগড় বুলি জনাজাত ও চুলতানৰ অধীনলৈ আহে। হুছেইন শ্বাহ আৰু তেওঁৰ পুত্ৰ মেহুমুদ শ্বাহৰ ক্ৰমে কালিগঞ্জ আৰু চুপ্ৰাকান্দিত পোৱা লিপিয়ে সমগ্ৰ অঞ্চলটো বংগ চুলতানৰ শাসনৰ অধীনত থকাটো প্ৰমাণ কৰে। চিলেটৰ লগতে এই অঞ্চলটো ১৫৭৬ চনত আকবৰৰ ৰাজত্বকালত মোগল সাম্ৰাজ্যৰ অধীনলৈ আহে। আইন-ই-আকবৰীৰ মতে জিলাখনৰ প্ৰায়ভাগ অঞ্চল মোগলৰ চিলহাট চৰকাৰৰ অধীনত প্ৰতাপগড় ৰাজহ মহলত ৰখা হৈছিল। জিলাখন মোগলৰ চিলহাট চৰকাৰ আৰু বাংলা চুবাৰ অংশ হিচাপে আছিল। ব্ৰিটিছ যুগ আৰু স্বাধীনতা আন্দোলন ১৭৮৫ চনত বাংলা চুবাৰ দিৱানী ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে হস্তগত কৰে আৰু কৰিমগঞ্জ জিলা এটা অংশ হিচাপে থকা চিলেট জিলা ব্ৰিটিছৰ অধীনলৈ যায়। তথাপি ১৭৮৬ চনলৈ ব্ৰিটিছে অঞ্চলটোত নিজৰ কৰ্তৃত্ব স্থাপন কৰিব পৰা নাছিল। ৰাধাৰাম নামৰ এজন স্থানীয় জমিদাৰে দক্ষিণ কৰিমগঞ্জৰ এক বিশাল এলেকা নিজৰ প্ৰশাসনৰ তললৈ আনিছিল। তেওঁক পিছলৈ স্থানীয় ৰাইজে নৱাব ৰাধাৰাম বুলিবলৈ আৰম্ভ কৰিছিল। তেওঁ ব্ৰিটিছ অগ্ৰাসনৰ বিৰুদ্ধে দুবাৰো সফলতাৰে যুঁজ দিছিল যদিও অৱশেষত পৰাস্ত হৈ ব্ৰিটিছৰ হাতত বন্দী হৈছিল। কোম্পানীৰ সৈন্যসকলে তেওঁক যেতিয়া ছিলেটলৈ লৈ গৈ আছিল, ৰাজাৰামে আত্মহত্যা কৰিছিল। তেতিয়াৰ পৰাহে অৰ্থাৎ ১৭৮৬ চনৰ পৰাহে ব্ৰিটিছে কৰিমগঞ্জৰ সম্পূৰ্ণ অঞ্চল নিজৰ অধীন কৰি লব পাৰিছিল। ১৮৫৭ চনৰ নৱেম্বৰত চিতাগঙত থকা ৩৪ নং পদাতিক সৈন্যৰ তিনিটা কোম্পানীয়ে বিদ্ৰোহ ঘোষনা কৰিছিল আৰু পৰৱৰ্তী কালত সেয়া দক্ষিণ-পূৱ চিলেট জিলালৈ সম্প্ৰসাৰিত হৈছিল। বিভাজন আৰু বিভাজনৰ পৰৱৰ্তী সময়ছোৱা ১৯৪৭ চনৰ ভাৰত বিভাজনৰ সময়ত চিলেট জিলাৰ অধিকাংশই কৰিমগঞ্জ মহকুমাৰ চাৰে তিনি থানা এলেকাৰ (ৰাতাবাৰী, পথেৰকান্দি, বদৰপুৰ আৰু কৰিমগঞ্জ থানাৰ আধা) বাদে পূৱ পাকিস্তানত সংযোগ হয় আৰু ১৯৭১ চনত ই বাংলাদেশ নামেৰে সুকীয়া ৰাষ্ট্ৰ হিচাপে স্বাধীনতা লাভ কৰে। ফলত কৰিমগঞ্জ মহকুমাৰ বাকী ৰৈ যাৱা এই অৰ্ধাংশ এটা সম্পূৰ্ণ মহকুমা হিচাপে অসমৰ কাছাৰ জিলাৰ লগত যোগ কৰা হয়। কৰিমগঞ্জ মহকুমাক এখন জিলালৈ পৰিৱৰ্তিত কৰা হয় ১৯৮৩ চনৰ ১ জুলাইত কৰিমগঞ্জ নগৰক নতুনকৈ প্ৰস্তাৱিত কৰিমগঞ্জ জিলাৰ জিলা সদৰ হিচাপে গঢ়া হয়। ভূগোল কৰিমগঞ্জ জিলাই অধিকাৰ কৰি থকা মাটিকালি হৈছে ১,৮০৯ বৰ্গ কিলোমিটাৰ (৬৯৮.৫ বৰ্গ মাইল), যি তুলনামূলকভাৱে আলস্কৰ আফোগ্নাক দ্বীপৰ সমান। ই উত্তৰ-পূৱ দিশে কাছাৰ জিলা, পূৱ দিশে হাইলাকান্দি জিলা, দক্ষিণ দিশে মিজোৰাম ৰাজ্য, দক্ষিণ-পশ্চিম দিশে ত্ৰিপুৰা ৰাজ্য, আৰু পশ্চিম আৰু উত্তৰ-পশ্চিম দেশে বাংলাদেশৰ দ্বাৰা পৰিৱেষ্টিত হৈ আছে। কৰিমগঞ্জ জিলাৰ মুখ্য নগৰ কৰিমগঞ্জ নগৰ জিলাখনৰ প্ৰশাসনিক মুখ্য কাৰ্যালয়। কৰিমগঞ্জ নগৰ জিলাখনৰ উত্তৰ পাৰে কুছিয়াৰাৰ দ্বাৰা বাংলাদেশৰ লগত সংলগ্ন হৈ আছে। অসমৰ ৰাজধানী চহৰ গুৱাহাটিৰ পৰা স্থলপথেৰে ইয়াৰ দূৰত্ব প্ৰায় ৩৩০ কিলোমিটাৰ আৰু ৰেলপথেৰে প্ৰায় ৩৫০ কিলোমিটাৰ। ইয়াৰপৰা অন্য মুখ্য ঠাইসমূহৰ দূৰত্ব এনেধৰণৰ: শিলচৰ- ৫৫ কিলোমিটাৰ, শ্বিলং- ২২০ কিলোমিটাৰ, আগৰতলা- ২৫০ কিলোমিটাৰ। কুছিয়াৰা আৰু লঙ্গাই নদীৰ পাৰ্শ্বৱৰ্তী এলেকাত অৱস্থিত কৰিমগঞ্জ নগৰ বাংলাদেশৰ সীমান্তত অৱস্থিত হৈ আছে আৰু কুছিয়াৰা নদী ইয়াৰ মাজেৰে বৈ গৈছে। ঠাইটুকুৰাৰ এটা বিশেষত্ব হৈছে ইয়াৰ মাজেৰে একাঁবেকাঁকৈ বৈ যোৱা সুদীৰ্ঘ গোলাকাৰ খাল নটী খাল। আদিতে কুছিয়াৰা আৰু লঙ্গাই নদীক সংযোগ কৰি ইয়াৰ জলপথক সংযোগ কৰাৰ বাবে আৰু দুয়োখন নদীৰ জলপৃষ্ঠক সমাৱস্থা প্ৰদান কৰাৰ বাবে এই খাল ব্যৱহৃত হৈছিল। এতিয়া বহু ঠাইত খহনীয়াৰ বাবে আৰু পথৰ নিৰ্মাণকাৰ্যত মাটিৰে পূৰ্ণ হোৱাৰ ফলত এই খাল বন্ধ হৈ গৈছে। লাটু কৰিমগঞ্জৰ বুৰঞ্জীপ্ৰসিদ্ধ গাঁও সমূহৰ মাজত এখন। কৰিমগঞ্জৰ বনাঞ্চল এটা সময়ত বন্যপ্ৰাণীৰ বাবে প্ৰসিদ্ধ আছিল যদিও বৰ্তমান জনসংখ্যা বৃদ্ধিৰ বাবে ই নাইকিয়া হৈ যাব ধৰিছে। ইয়াৰ ভিতৰত হোলোক গিবন, কেইবা প্ৰজাতিৰো বান্দৰ, শুভ্ৰ পাখিৰ কাঁঠহাঁহ, এছিয়ান হাতী আদিৰ অৱস্থিতিৰ প্ৰমাণ পোৱা যায়। ইয়াৰ দক্ষিণাঞ্চলক ধলেশ্বৰী বন্যপ্ৰাণী উদ্যান বুলিও অভিহীত কৰা হয়। প্ৰশাসনিক বিভাজন কৰিমগঞ্জ জিলাক তিনিটা মহকুমাত ভাগ কৰা হৈছে: কৰিমগঞ্জ, পাথাৰকান্দি আৰু ৰামকৃষ্ণ নগৰ। এই জিলাত অসম বিধানসভাৰ ৫টা সমষ্টি আছে: ৰাতাবাৰী (১), পাথাৰকান্দি (২), কৰিমগঞ্জ উত্তৰ (৩), কৰিমগঞ্জ দক্ষিণ (৪), বদৰপুৰ (৫)। এই সকলোবোৰ অঞ্চল কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত। জনবসতি ২০১১ চনৰ লোকপিয়ল অনুসৰি কৰিমগঞ্জ জিলাৰ মুঠ জনসংখ্যা ১২,২৮,৬৮৬ জন। ইয়াৰে ৬,২৫,৮৬৪ জন পুৰুষ আৰু ৬,০২,৮২২ গৰাকী মহিলা। সেয়ে প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে জিলাখনত মহিলাৰ সংখ্যা ৯৬১ গৰাকী। ২০০১-২০১১ দশকত জিলাখনৰ মুঠ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২১.৯%। জিলা খনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৬৭৯.২ জন আৰু সাক্ষৰতাৰ হাৰ ৭৯.৭২%। কৰিমগঞ্জ জিলাৰ গৰিষ্ঠসংখ্যক লোক বঙালী ভাষী। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ অসমৰ জিলা কৰিমগঞ্জ
36083
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0%20%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A7%81%E0%A6%95%E0%A6%A5%E0%A6%BE
অসমৰ সাধুকথা
সাধুকথা অসমীয়া সাহিত্যৰ এটা বিশিষ্ট বিভাগ। সাধুকথাবোৰ সাধাৰণতে এক অনিৰ্দিষ্ট ৰূপৰ এক লোক-কথা। কিন্তু এইবোৰত এটা সজ নীতি কথা থাকে আৰু সেয়ে হয়তো এইবোৰ লোক-কথাক অসমীয়াত সাধুকথা বোলা হয়। সাধুকথাবোৰৰ স্থিৰ ৰূপ এটা নাই, সাধু কওঁতাই নিজৰ অভীৰুচি আৰু সামৰ্থ অনুসাৰে তাক বৰ্ণাই যায়। অসমৰ সাধুকথাৰ ভড়াল যথেষ্ট চহকী। এইবিলাকৰ কিছুমান অসমীয়াত আৰু বাকীবিলাক কছাৰী, ৰাভা, মিকিৰ আদি জনজাতীয় ভাষাত ৰচিত। কিছুমান লেখত লবলগীয়া সাধু অসমৰ সকলো অধিবাসীৰ মাজতে সমানে প্ৰচলিত। অসমৰ সাধুবোৰক থলুৱা, সংস্কৃতৰ পৰা অহা আৰু বিদেশী- এই তিনিভাগত ভগাব পাৰি। থলুৱা সাধুবোৰৰ কাহিনী অসম অঞ্চলৰ; সংস্কৃতৰ পৰা অহা সাধুবোৰ হ'ল হিতোপদেশ, পঞ্চতন্ত্ৰ আদি আৰু কিছুমান সাধুৰ মূল কাহিনী মধ্য এছিয়া বা ইউৰোপৰ কাহিনীৰ সৈতে মিলে। অসমৰ সাধুবোৰক ভালেমান শ্ৰেণীত ভগাব পাৰি। কিছুমান সাধু আছে যিবোৰ জীৱ-জন্তুক লৈ ৰচনা কৰা হৈছে। কিছুমান সাধু আকৌ আলৌকিক। আন এবিধ সাধু আছে যাৰ কাহিনী সৰু অথচ ৰসাল আৰু খুহুতীয়া। কিছুমান সাধুকথাত প্ৰাকৃতিক নানা পৰিঘটনাৰ আদি কাৰণ দেখুৱাবৰ যত্ন কৰা হয়,যেনে- আকাশখন ওখ হ'ল কিয়, লুইতে ফেনায় কিয়, আলিবাটবোৰ কেঁকোৰা-কেঁকুৰি হ'ল কিয় ইত্যাদি। এনেদৰেই অসমীয়া সাধুকথাত প্ৰেম-প্ৰীতি, পিতৃস্নেহ, মাতৃস্নেহ,সপত্নী-বিদ্বেষ,ঈৰ্ষা-অসূয়া,জীয়াই থকাৰ স্পৃহা, জনবিশ্বাস, কুসংস্কাৰ আদি আদিম ভাৱ আৰু অনুভূতিসমূহৰ সৰল আৰু মুকলি প্ৰকাশ দেখা যায়। প্ৰসংগক্ৰমে নেতিক জীৱনৰ আদৰ্শও এইবোৰে পৰোক্ষভাৱে দাঙি ধৰে। অসমীয়া সাহিত্যৰ বুৰঞ্জীত সধুকথাৰ বৰ বেছি মূল্য নাথাকিলেও সমাজতত্ত্বৰ অধ্যয়নৰ ফালৰ পৰা এইবোৰৰ মূল্য উলাই কৰিব নোৱাৰি। এই প্ৰসঙ্গত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ "বুঢ়ী আইৰ সাধু"ৰ কথা উল্লেখ কৰিব পাৰি। এই পুথিখনত অসমীয়া গ্ৰাম্য সমাজত প্ৰচলিত বিভিন্ন সাধুকথা সংগ্ৰহ হৈ আছে। সাধুকথাৰ শ্ৰেণী জন্তুকেন্দ্ৰিক সাধুকথা: সাধাৰণতে জন্তুক কেন্দ্ৰ কৰি এই সাধুকথাবোৰ ৰচনা হোৱা। ইয়াৰ পৰিসৰ চুটি। এনে সাধুকথাত উল্লেখ কৰা জন্তুবোৰে মানুহৰ দৰে কথা কয় আৰু আচৰণ কৰে। অনেক ক্ষেত্ৰত এনে সাধুৰ ৰূপকাত্মক অৰ্থ থাকে। সাধাৰণতে বান্দৰ-শিয়াল, কুকুৰনেচীয়া বাঘ-গাহৰি, শহা-শিয়াল, শিঙাল হৰিণ-নাহৰফুটুকীয়া বাঘ, বান্দৰ-বাঘ, শিয়াল-কাছ, কেঁকোৰা-বাঘ, বগলী-বাঘ, শিয়াল-ঘঁৰিয়াল, টুনী-ঢোৰা কাউৰী আদিৰ মাজত হোৱা বিৰোধৰ আধাৰত এনে সাধুকথাৰ কাহিনীবোৰ গঠিত হয়। জন্তুকেন্দ্ৰিক সাধুকথাত নীতিমূলক উপদেশ থাকে। জাতকৰ সাধু, পঞ্চতন্ত্ৰ, ঈছপৰ সাধুকথা আদিৰ অন্যতম উদ্দেশ্য নৈতিক শিক্ষা প্ৰদান। শিয়াল আৰু বান্দৰ, বাঘ আৰু বান্দৰ,টুনী আৰু ঢেৰা কাউৰী আদি জন্তুকেন্দ্ৰিক সাধু। যাদুমূলক বা বিস্ময়াবহ বা ৰোমাণ্টিক বা অতিলৌকিক সাধুকথা: যাদুমূলক সাধুকথা জাৰ্মান ভাষাত ‘মাৰখেন’ নামে পৰিচিত। ইংৰাজী ভাষাত এইবিধ সাধুকথা যাদুমুলক সাধু, পৰীৰ সাধু আৰু বীৰ সাধু স্বৰূপে পৰিচিত। যাদুমুলক সাধুকথাৰ বিষয়বস্তুৰ বিশেষত্ব হৈছে-অতিলৌকিক দুঃসাহসিক কৰ্ম সম্পাদনৰ প্ৰতি মানুহৰ আকৰ্ষণ, এইবিধ সাধুত সাধাৰণ মানুহ এগৰাকীৰ অতি মানৱীয় শক্তিৰ সৈতে সংঘৰ্ষ হোৱা আৰু অতিলৌকিক কাৰ্য সম্পাদনৰ বাবে তেওঁৰ প্ৰয়োজনীয় শক্তি লাভ কৰা বুলি পঢ়িবলৈ পোৱা যায়। যাদুমূলক সাধুকথা একক নায়ক বিশিষ্ট আৰু ই যথাৰ্থতে দুঃসাহসিক কাহিনী। তেজীমলাৰ সাধু, কমলাকুঁৱৰী, ফুলকেঁৱৰৰ সাধু, মণি কোঁৱৰৰ সাধু, তুলা আৰু তেজাৰ সাধু, পানেচৈ, চম্পাৱতী আদি হৈছে অসমীয়া যাদুমুলক সাধুকথা। নৈদানিক সাধুকথা: নৈদানিক বা ব্যাখ্যামূলক সাধুকথাত সাধাৰণতে পৃথিৱীৰ সৃষ্টি, বিভিন্ন বস্তুৰ উৎপত্তি যেনে— পূজা, ধৰ্মীয় কৃত্যাদিৰ লগত জড়িত বিভিন্ন বস্তু আম-গছ, ঘিঁউ, তামোল-পাণ, পিঠাগুড়ি আদি; প্ৰাকৃতি জগতত ঘটা ঘটনাৰ ব্যাখ্যা, পৰ্বত-পাহাৰ আদিৰ জন্ম, নদ-নদী, পুখুৰী-হ্ৰদ আদিৰ উৎপত্তি, গছ-গছনি, লতা-লতিকা আদিৰ উৎপত্তি বা জন্মৰ বৰ্ণনা পোৱা যায়। এনে বিষয়ক সাধু অসমৰ সকলো জাতি-জনজাতি মাজত প্ৰচলিত। কিয় হ’ল বা কেনেকৈ হ'ল ইত্যাদিৰ বৰ্ণনা বা ব্যাখ্যা সন্নিবেশিত সাধুকথাবিলাককেই নৈদানিক বা ব্যাখ্যামূলক সাধুকথা বোলা হয়। মিছলীয়া সাধুকথা: ক্ৰমপুঞ্জিত বা নিৰ্ধাৰিতগঢ়ী সাধুৰ লগত মিছলীয়া সাধুৰ মিল দেখা যায়। ইংৰাজীত ইয়াক বুলি জনা যায়। এইবিধ সাধুকথাৰ অন্তৰ্গত ছল-সাধু অৰ্থাৎ ল'ৰা-ছোৱালীৰ লগত ৰসিকতা কৰাৰ প্ৰসংগত কোৱা হয়। অন্তহীন সাধুকথা: ই নিৰ্ধাৰিতগঢ়ী সাধুৰ বহল পৰিসৰৰ অন্তৰ্গত এবিধ সাধু। এই শ্ৰেণীৰ সাধুৰ সংযুতিত পুনৰাবৃত্তিয়ে বিশেষভাৱে স্থান লাভ কৰা দেখা যায়। শ্ৰোতাৰ আমনি নলগালৈকে পুনৰাবৃত্তি চলি থাকে। সেইবাবে এনেবিধৰ সাধুক অন্তহীন সাধু বোলে। সমস্যামূলক সাধুকথা: সমস্যামূলক সাধুকথাক ইংৰাজী ভাষাত বুলি কোৱা হয়। সমস্যাৰ সলনি সংকটমূলক সাধুকথা বুলিও কোৱা হয়। এনেবিধ সাধুত এটা কাহিনী থাকে আৰু কাহিনীৰ পৰিণতিত সমস্যামূলক এটি প্ৰশ্ন জড়িত হৈ থাকে আৰু এই প্ৰশ্নটোৰ কেইবাটাও উত্তৰ থাকিব পাৰে। শুদ্ধ উত্তৰ দিব পৰা জনেই জয় লাভ কৰে। সমস্যামূলক সাধুত প্ৰশ্ন অপৰিহাৰ্য অংগ। সেইবাবে সমস্যামূলক সাধুৰ আন এটা নাম সাঁথৰ সাধু। কথাগীত এইবিধ সাধুত গদ্য আৰু পদ্য উভয় ৰূপত কাহিনী বৰ্ণনা কৰা হয়। কমলাকুঁৱৰীৰ সাধু, তেজীমলাৰ সাধু আদি কথা-গীতৰ উল্লেখযোগ্য উদাহৰণ। ধৰ্মমূলক সাধু: ধৰ্মমূলক সাধুকথাৰ প্ৰচলন গোটেই পৃথিৱীত আছে। পাপ-পুণ্য, স্বৰ্গ-নৰক আদিৰ লগত জড়িত এই শ্ৰেণীৰ সাধুকথাই ধৰ্মীয় জনশ্ৰুতিৰ কাৰ্য সাধন কৰিব পাৰে। ধৰ্মীয় সাধুকথাৰ চৰিত্ৰবোৰ ধাৰ্মিক বা অধাৰ্মিক মানৱ আৰু অলৌকিক চৰিত্ৰৰ সীমাৰেখাৰ মাজত সীমিত। এই ধৰণৰ সাধুকথা বুলিলে সাথাবৰতৰ সৈতে জড়িত ওপনী গৌৰীকথা, বামুণ বামুণীৰ কথা আদি উল্লেখযোগ্য। নিষিদ্ধ সাধুকথা: আমাৰ সমাজত পৰম্পৰাগতভাৱে বিবিধ নিষিদ্ধ আচৰণ শাৰীৰিক আৰু মানসিকভাৱে চলি আহিছে। যেনে- ৰাতি বাঘৰ বা সাপৰ নাম ল’ব নাপায়, ওৰণি লোৱা-নোলোৱা, খাব পৰা অথবা খাব নোৱৰা, কথা কোৱা, হঁহা-কন্দা আদি বিভিন্ন সামাজিক নীতিৰ সৈতে নিষিদ্ধ আচৰণ সম্পৃক্ত হৈ আছে। অসমৰ পাৰম্পৰিক সাধুকথাৰ পৰিসৰত নিষিদ্ধ আচৰণ বিশিষ্ট সাধুকথাবোৰত থকা এই পাই নাপায় বোৰ হৈছে- ‘ঢোৰা কাউৰী আৰু টুনী'ৰ সাধুকথাত টুনীয়ে ঢোৰা কাউৰীক কৈছে যে সাগৰত মুখ ধুই আহিহে ঢোৰা কাউৰীয়ে টুনীক খাব পাৰিব। 'বান্দৰ আৰু শিয়াল’ সাধুকথাত শিয়ালে ৰজাৰ ডবাটো বজাবলৈ বান্দৰক বাধা দিছিল। অজাচাৰী সাধুকথা কোনো এটা কেন্দ্ৰীয় পৰিয়ালৰ স্বামী-স্ত্ৰীৰ বাহিৰে আন পৰিয়ালৰ মাজত পৰম্পৰাগতভাৱে প্ৰচলিত যৌন নিষিদ্ধাচৰণ ভংগৰ আন নাম অজাচাৰ আৰু ইয়াৰ আধাৰত সৃষ্টি হোৱা সাধুকথাৰ নাম অজাচাৰী বা যৌন নিষিদ্ধ সাধুকথা। অসমৰ বিভিন্ন সমাজ যেনে ডিমাছাসকলৰ মাজত প্ৰচলিত ‘ডিশ্ৰু’ মালিতা আৰু সাধুত পিতৃ-কন্যাৰ সম্পৰ্কৰ আভাস আছে। বৰোসকলৰ মাজত প্ৰচলিত 'ৰাওনা-ৰাউনী’, 'ঝাৰা ফাগলা’ আদি সাধু বা 'মেথায়'ত অজাচাৰৰ ইংগিত পোৱা আছে। অসমীয়া ভাষাত প্ৰচলিত ‘পানেচৈ’ত ভ্ৰাতৃ-ভগ্নীৰ অজাচাৰিত্বৰ আভাস আছে। টেটকুঁটি: হাস্য-ব্যংগ প্ৰধান সাধুকথাৰ নামেই টেটকুঁটি। এইবিধ সাধুৰ পৰিসৰ বহল। টেটকুঁটিৰ পৰিসৰত অন্তৰ্ভুক্ত বিষয়বোৰ হৈছে- ঠাট্টা-মস্কৰা বিষয়ক সাধুকথা উপাখ্যান কাহিনী ব্যাঙ্গাত্মক সাধুকথা গোসাঁই প্ৰভুৰ টেটকুঁটি, ব্ৰাহ্মণ ঠাকুৰৰ টেটকুঁটি, মৌজাদাৰৰ টেটকুঁটি আদিবোৰ এনেধৰণৰ সাধুকথা। ক্ষুদ্ৰ সত্য কাহিনী: ইয়াক এনেকডোট বা উপাখ্যান মূলক বুলিও কোৱা হয়। ব্যক্তি, জন্তু, স্মৰণযোগ্য ঘটনা, স্থান আদিক কেন্দ্ৰ কৰি এই সাধুকথাবোৰ আগবাঢ়ে। গাজাখুৰি কথাৰ দৰে এনেকডোটৰা বোৰো নিৰ্দিষ্ট ৰূপ নাই। মুৰ্খৰ সাধু: সাধুকথাৰ আন এটি উপ-শ্ৰেণী মুৰ্খৰ সাধুকথাৰ জৰিয়তে কোনো এটি জনগোষ্ঠীৰ মুৰ্খামিক সাময়িকভাৱে বিদ্ৰূপ বা ঠাট্টা কৰা হয়। অসমীয়াভাষাত প্ৰচলিত এনে বিধৰ সাধুকথাৰ ভিতৰত সাতমুখ, বামুণৰ বহুৱা মুখ জোঁৱাই, অজলা টৌমুৰা আদি উল্লেখযোগ্য। টেটোন বা টেণ্টনৰ সাধুকথা: টেটোন বা টেণ্টন জাতীয় সাধুকথাৰ অন্যতম প্ৰধান চৰিত্ৰ বা নায়কে আন চৰিত্ৰক প্ৰতাৰণা কৰে বা ঠগায়। সমাজৰ পটভূমিত জেদী আৰু অনমনীয় চাৰিত্ৰিক বৈশিষ্ট্য সম্বলিত টেটোনৰ জন্ম। টেটোন অসংযত আৰু সাংঘাতিক চৰিত্ৰ। মনস্তাত্ত্বিক দিশৰপৰাও টেটোন-চৰিত্ৰ বিশ্লেষণ কৰা হয়, কোনো কোনো মনঃস্তাত্ত্বিকৰ মতে পুৰুষ লিংগৰ প্ৰতীক স্বৰূপেহে টেটোনে আত্মপ্ৰকাশ কৰিছে। অসমীয়া টেটোন জাতীয় সাধুকথাৰ ভিতৰত টেটোন তামোলী, টেটোন, বামুণৰ বহুৱা, বান্দৰ আৰু শিয়াল, শিয়াল আৰু ঘঁৰিয়াল, শিয়াল আৰু হাতী আদি উল্লেখযোগ্য। ক্ৰমপুঞ্জিত বা নিৰ্ধাৰিতগঢ়ী সাধুকথা: ক্ৰমপুঞ্জিত বা নিৰ্ধাৰিতগঢ়ী সাধু কৌতুকপূৰ্ণ, হাস্যকৰ আৰু খেল-ধেমালিৰ বৈশিষ্ট্য পূৰ্ণ। কাহিনী বা কথাবস্তুৱে এইবিধ সাধুত প্ৰাধান্য লাভ নকৰে। এইবিধ সাধুত এটা পৰিস্থিতিয়ে আন এটা পৰিস্থিতিক ঠেলি দিয়ে, যিটো পৰিস্থিতিয়ে আকৌ আন এটা পৰিস্থিতিক ঠেলি দিয়ে। সেইবাবে এইবিধ সাধুৰ নাম ক্ৰমপুঞ্জিত সাধুকথা। দ্বিতীয়তে এই জাতীয় সাধুৰ গঢ় বা সংযুতি নিৰ্ধাৰিত। সেইবাবে ক্ৰমপুঞ্জিত সাধুক নিৰ্ধাৰিতগঢ়ী সাধুকথা বোলে। ভেকুলীৰ পিঠিত খহু কিয় হ’ল নিৰ্ধাৰিতগঢ়ী সাধুৰ এটা বিশেষ উদাহৰণ। বৰ্হি সংযোগ তথ্যসূত্ৰ অসমীয়া
9756
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%98%E0%A6%BE%E0%A6%9F%20%E0%A6%A6%E0%A6%B2%E0%A6%82
শৰাইঘাট দলং
শৰাইঘাট দলং অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰে'লপথযুক্ত দলং। দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৯৫৮ চনৰ জানুৱাৰী মাহত। সা-সামগ্ৰী কঢ়িওৱাৰ বাবে দলংখন ১৯৬২ চনৰ অক্টোবৰ মাহত মুকলি কৰা হয়। ১৯৬৩ চনৰ ৭ জুনত সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰে। এই দলঙখনৰ ওপৰেদি ৰাষ্ট্ৰীয় ঘাইপথ আৰু তলেদি আছে ৰেলপথ। বৰ্তমান দলঙখনৰ চোৱা-চিতাৰ কৰাৰ দায়িত্বত আছে উত্তৰ-পূব সীমান্ত ৰেলৱে। প্ৰথমতে দলঙখনৰ নাম ব্ৰহ্মপুত্ৰ দলং আছিল। পাছত ইয়াক শৰাইঘাট দলং নামেৰে নামকৰণ কৰা হয়। ইতিহাস ১৯১০ চনতেই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং এখন নিৰ্মাণ কৰাৰ কথা চিন্তা-চৰ্চা কৰা হৈছিল। ব্ৰহ্মপুত্ৰ নদীয়ে অসমখনক দুটা ভাগত ভাগ কৰিছে: উত্তৰপাৰ আৰু দক্ষিণপাৰ। পঞ্চাছ দশকলৈকে এই নদীৰ ওপৰত এখনো দলঙ নাছিল। নদীখনৰ ইপাৰ-সিপাৰ হ’বৰ বাবে একমাত্ৰ মাধ্যম আছিল নাও। সেয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ বাবে বিভিন্ন আৱেদন কৰা হৈছিল। ইয়াৰ কোনো ফল নোপোৱাত অৱশেষত আন্দোলনৰ পথ বাছি লোৱা হয়। হেম বৰুৱা, কমিউনিষ্ট গৌৰীশংকৰ ভট্টাচাৰ্য্য, ছ’ছিয়েলিষ্ট নেতা হৰেশ্বৰ গোস্বামীৰ দৰে ব্যক্তিয়ে এই আন্দোলনৰ গুৰি ধৰিছিল। সেই সময়তে চীনে ভাৰত আক্ৰমণ কৰিলে। চীনা সৈন্য অৰুণাচল প্ৰদেশৰ টাৱাং, ব’মডিলালৈকে আগুৱাই আহিছি। অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহ অসুৰক্ষিত আৰু নিৰাপত্তাহীনতাৰ কথা ওলাই পৰিল। ইয়াৰ পিছতে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলঙ নিৰ্মাণ কৰিবলৈ অনুমতি দিয়া হয়। ১৯৫১ চনৰ ১ জানুৱাৰীত ইয়াৰ নিৰ্মাণ কাম আৰম্ভ কৰা হয়। নিৰ্মাণ আৰু পৰীক্ষা ১৯৫৯ চনৰ জানুৱাৰী মাহত শৰাইঘাট দলঙখনৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছিল। নিৰ্মাণ কাৰ্য্যৰ দায়িত্বত আছিল হিন্দুঃস্থান কনষ্ট্ৰাকছন কৰ্প'ৰেছন লিমিটেড নামৰ এটা প্ৰতিষ্ঠান। প্ৰায় ৪০ হাজাৰ টন চিমেণ্ট আৰু ২০ হাজাৰ টন ষ্টীল ব্যৱহাৰ কৰি প্ৰায় ৮০০০ জন শ্ৰমিকৰ সহযোগত এই দলঙখন নিৰ্মাণ কৰি উলিওৱা হৈছিল। ১৯৬২ চনৰ ছেপ্তেম্বৰ মাহৰ ভিতৰত দলঙখনৰ নিৰ্মাণ কাৰ্য্য সমাপ্ত হয়। সেই বছৰৰে ২৩ ছেপ্তেম্বৰত এটা ৰেল ইঞ্জিন ইয়াৰ ৰেল দলঙখনেৰে পাৰ কৰি পঠোৱা হয়। এই ৰেলপথেদি অক্টোবৰ মাহৰ পৰাই মালবাহী ৰেলগাড়ীৰ চলাচল আৰম্ভ হয়। এই দলঙখন নিৰ্মাণ কৰোঁতে মুঠ ব্যয় হৈছিল ১০,৬৫,১৬,৮৯১ টকা। দৈৰ্ঘ্য আছিল ১.৫ কিঃমিঃ (১৪৯২ মিটাৰ)। উদ্বোধন ১৯৬৩ চনৰ ৭ জুনত শৰাইঘাট দলঙখন উদ্বোধন কৰা হয়। প্ৰথম অৱস্থাত দলংখনৰ নাম ব্ৰহ্মপুত্ৰ দলং বুলিয়েই কোৱা হৈছিল। মালিগাঁৱ ৰেল ষ্টেশ্যনৰ সমীপত অনুষ্ঠিত এখন সভাত সেই সময়ৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে দলঙখন সাধাৰণ জনতাৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়ে। তেওঁ ইয়াক শৰাইঘাট দলঙ নামেৰে নামকৰণ কৰে। বৰ্তমান শৰাইঘাট দলঙৰ অৱস্থা বৰ্তমান উত্তৰ-পূব সীমান্ত ৰেলৱে-এ দলঙখনৰ চোৱা-চিতা কৰে। ৰেলৱে বিভাগে আই আই টি, গুৱাহাটীৰ বিশেষজ্ঞৰ এটা দলক দলঙখনৰ বৰ্তমানৰ অৱস্থা পৰীক্ষা কৰিবলৈ দায়িত্ব দিছিল। বিশেষজ্ঞৰ দলটোৱে জনায় যে, দলঙখন বৰ্তমানেও সম্পূৰ্ণ নিৰাপদ অৱস্থাত আছে। ইয়াৰ ১১টা খুটাই ভাল অৱস্থাত আছে। বৰ্তমানৰ যাতায়তৰ বৰ্ধিত হেঁচা আৰু সঘন যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি তিনিটা লেনযুক্ত আৰু এখন নতুন দলং শৰাইঘাটৰ সমীপতে নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা হয় ২০১২ চনৰ অক্টোবৰ মাহত শৰাইঘাট দলঙৰ পঞ্চাশ বছৰ সম্পূৰ্ণ হয়। উত্তৰ-পূব সীমান্ত ৰেলৱেই এই উপলক্ষে ৬ নৱেম্বৰত আয়োজন কৰা সভাত অসমৰ প্ৰাক্তন ৰাজ্যপাল প্ৰয়াত জে বি পাটনায়ক আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে দলংখনক "লাচিত বৰফুকন দলং" বুলি পুনৰ্নামকৰণ কৰাৰ প্ৰস্তাৱ দিয়ে। শৰাইঘাট দলং ধ্বংস কৰাৰ আঁচনি সত্তৰ দশকত বাংলাদেশৰ স্বাধীনতা সংগ্ৰাম হৈছিল। ভাৰতবৰ্ষই বাংলাদেশক স্বাধীনতাৰ বাবে সহায় কৰিছিল। ভাৰতীয় বিমান বাহিনীৰ বিমানে তেজপুৰৰ শালনী বিমানবন্দৰৰ পৰা উৰা মাৰি ঢাকাৰ বিমানবন্দৰত আক্ৰমণ কৰিছিল। এই আক্ৰমণত পাকিস্তানৰ কেইবাখনো আমেৰিকান যুঁজাৰু বিমান ধ্বংস হৈছিল। ইয়াৰ প্ৰতিশোধ ল’বৰ বাবে পাকিস্তানী বিমান বাহিনীয়ে একেদিনাই শৰাইঘাট দলঙ ধ্বংস কৰাৰ আঁচনি কৰিছিল। শৰাইঘাট দলঙৰ ওপৰত বোমা বৰ্ষণ কৰিব বুলি ভাৰতীয় চোৰাংচোৱাই আগতীয়াকৈ গোপন বাৰ্তা পাইছিল। পাকিস্তানী সৈন্যৰ প্ৰথম লক্ষ্য শৰাইঘাট দলঙ আৰু দ্বিতীয় লক্ষ্য গুৱাহাটী আছিল। কাৰণ, সেই সময়ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মূল কেন্দ্ৰ আছিল গুৱাহাটী আৰু ভাৰতৰ অন্য স্থানৰ লগত ইয়াৰ যোগাযোগৰ একমাত্ৰ পথ আছিল শৰাইঘাট দলং। ভাৰতীয় সেনা বাহিনীৰ প্ৰত্যুত্তৰ পাকিস্তানী সৈন্যৰ এই আঁচনিৰ কথা আগতীয়াকৈ জানিব পাৰি ভাৰতীয় সামৰিক বাহিনীয়ে ইয়াৰ উপযুক্ত ব্যৱস্থা কৰি থৈছিল। তেওঁলোকে পাক বিমানৰ আগমন “ৰাডাৰ” যোগে গম পাই আমিনগাঁৱৰ অঞ্চলৰ আকাশ “লেজাৰ বীম” প্ৰয়োগ কৰি পোহৰাই তোলে। লগতে ভাৰতীয় সেনাই দলঙৰ তলৰ পৰা এণ্টি এয়াৰ ক্ৰাফট গান-এৰে পাকিস্তানী বিমানক আক্ৰমণ কৰে। এই অতৰ্কিত আক্ৰমণত পাকিস্তানী বিমানবোৰে কোনো ক্ষতি নকৰাকৈ উভতি যায়। অসমৰ অৰ্থনৈতিক ব্যৱস্থাত শৰাইঘাটৰ ভূমিকা অসমৰ অৰ্থনীতিত অপৰিসীমভাৱে গুৰুত্বপূৰ্ণ ৩১ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰি আছে শৰাইঘাট দলঙে। ১৯৫৮ চনলৈকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বিকাশ হোৱা ৰেলপথ আৰু স্থলপথসমূহৰ সংযোগী একমাত্ৰ নদীখন আছিল ব্ৰহ্মপুত্ৰ নদ। এই নদীৰ ঘাটসমূহেই অসমৰ বেপাৰ বাণিজ্য তথা পৰিবহণ ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ১৯৬২ চনত শৰাইঘাট দলঙ হোৱাৰ পিছত পৰিবহণ ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন ঘটিছিল। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ অভ্যন্তৰীণ জল পৰিবহণৰ বাণিজ্যিক গুৰুত্ব ক্ৰমাৎ হ্ৰাস পাইছিল। লগতে পাণ্ডু আৰু আমিনগাঁৱৰ গুৰুত্বও বহু পৰিমাণে হ্ৰাস পাইছিল। এয়েই শৰাইঘাট দলঙৰ মৌলিক অৰ্থনৈতিক গুৰুত্ব আৰু তাৰ ঐতিহাসিক পটভূমি। দ্বিতীয়খন দলং নিৰ্মাণৰ প্ৰস্তুতি বৰ্তমানৰ যাতায়তৰ বৰ্ধিত হেঁচা আৰু সঘন যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি শৰাইঘাটৰ সমীপতে এখন নতুন দলঙ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা হয়। ২০০৭ চনৰ ৮ এপ্ৰিল তাৰিখে এই নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয়। আমিনগাঁৱৰ ৰাজীৱ গান্ধী ইনড’ৰ ষ্টেডিয়ামত প্ৰাক্তন প্ৰধান মন্ত্ৰী ড॰ মনমোহন সিঙে ইয়াৰ আধাৰশিলা স্থাপন কৰে। তিনি লেন যুক্ত এই দলং ২০১৭ চনৰ ২৮ জানুৱাৰী তাৰিখে কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাজমাৰ্গ মন্ত্ৰী নিতিন গাডকাৰীয়ে চৰকাৰী ভাবে উদ্বোধন কৰে। উদ্বোধন কাৰ্যসূচীত পূৰ্বৰ কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই, অসম চৰকাৰৰ উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,পূৰ্বৰ গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু পূৰ্বৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত আছিল। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ অসমৰ দলং ব্ৰহ্মপুত্ৰৰ ওপৰত দলং কামৰূপ
98458
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BE%E0%A6%A8%E0%A6%BE%20%E0%A6%B8%E0%A6%BF%E0%A6%82
বানা সিং
কেপ্তেইন বানা সিং পি.ভি.চি. (জন্ম ৬ জানুৱাৰী ১৯৪৯) এজন ভাৰতীয় সৈনিক আৰু দেশৰ সৰ্বোচ্চ সামৰিক বীৰত্ব বঁটা পৰম বীৰ চক্ৰ লাভ কৰা ব্যক্তি। ভাৰতীয় সেনাবাহিনীত নাইব চুবেদাৰ হিচাপে তেওঁ অপাৰেচন ৰাজীৱৰ অংশ হিচাপে কাশ্মীৰৰ চিয়াচেন হিমবাহৰ সৰ্বোচ্চ শৃংগটোৰ নিয়ন্ত্ৰণ পাকিস্তানী বাহিনীৰ কবলৰ উদ্ধাৰ কৰা ভাৰতীয় দলটোক নেতৃত্ব দিছিল। তেওঁৰ সফলতাৰ পিছত ভাৰতে তেওঁৰ সন্মানত শৃংগটোৰ (পূৰ্বতে পাকিস্তানীসকলে কোৱাইড পোষ্ট বুলি চিহ্নিত কৰা) নাম সলনি কৰি বানা পোষ্ট কৰে। প্ৰাথমিক জীৱন ১৯৪৯ চনৰ ৬ জানুৱাৰীত জম্মু আৰু কাশ্মীৰৰ কাডিয়ালৰ এটা শিখ পৰিয়ালত জন্মগ্ৰহণ কৰা সিঙৰ পিতৃ এজন কৃষক আৰু খুৰাক-বৰদেউতাকসকল ভাৰতীয় সেনাবাহিনীৰ সৈনিক আছিল। ১৯৬৯ চনৰ ৬ জানুৱাৰীত তেওঁ ভাৰতীয় সেনাবাহিনীত যোগদান কৰে, আৰু জম্মু-কাশ্মীৰ লাইট ইনফেণ্ট্ৰিৰ ৮ম বেটেলিয়নত সেৱা আৰম্ভ কৰে। তেওঁ গুলমাৰ্গৰ হাই এলটিচুড ৱাৰফেয়াৰ স্কুল আৰু সোণামাৰ্গৰ আন এখন স্কুলতো প্ৰশিক্ষণ লৈছিল। ১৯৮৫ চনৰ ১৬ অক্টোবৰত তেওঁ হাবিলদাৰৰ পৰা নাইব চুবেদাৰ পদবীলৈ পদোন্নতি লাভ কৰে, ইয়াৰ দুবছৰ নৌহওঁতেই তেওঁ অপাৰেচন ৰাজীৱৰ সফল দলটোৰ নেতৃত্ব দিয়ে। অপাৰেচন ৰাজীৱ ১৯৮৭ চনত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ চিয়াচেন অঞ্চলত পাকিস্তানী বাহিনীয়ে অনুপ্ৰৱেশ কৰিছিল। পাকিস্তানীসকলে এই অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ অংশ দখল কৰিছিল, যাক তেওঁলোকে "কোৱাইড পোষ্ট" (কোৱাইদ-ই-আজমৰ পৰা, মহম্মদ আলী জিন্নাৰ উপাধি) বুলি অভিহিত কৰিছিল। চিয়াচেন হিমবাহ অঞ্চলৰ সৰ্বোচ্চ শৃংগটোত ৬৫০০ মিটাৰ উচ্চতাত এই পোষ্টটো অৱস্থিত (পিছলৈ ভাৰতীয়সকলে বানা সিঙৰ সন্মানত এই শৃংগটোৰ নাম সলনি কৰি "বানা টপ" ৰাখিছিল)। এই বৈশিষ্ট্যৰ পৰা পাকিস্তানীসকলে ভাৰতীয় সেনাৰ স্থানত দৃষ্টি ৰাখিব কৰিব পাৰিছিল কাৰণ এই উচ্চতাৰ পৰা সমগ্ৰ ছালটোৰো ৰেঞ্জ আৰু চিয়াচেন হিমবাহৰ স্পষ্ট দৃশ্য দেখা গৈছিল। শত্ৰুৰ চকীটো কাৰ্যতঃ এটা অদৃশ্য হিমবাহৰ দুৰ্গ আছিল আৰু ইয়াৰ দুয়োফালে ৪৫৭ মিটাৰ উচ্চতাৰ বৰফৰ দেৱাল আছিল। ১৯৮৭ চনৰ ১৮ এপ্ৰিলত কোৱাইড পোষ্টৰ পৰা পাকিস্তানীসকলে পইণ্ট সোণম (৬,৪০০ মিটাৰ)ত ভাৰতীয় সৈন্যৰ ওপৰত গুলীচালনা কৰে আৰু দুজন সৈনিকৰ মৃত্যু হয়। ইয়াৰ পিছতে ভাৰতীয় সেনাই পাকিস্তানীসকলক পোষ্টৰ পৰা উচ্ছেদ কৰাৰ সিদ্ধান্ত লয়। ১৯৮৭ চনৰ ২০ এপ্ৰিলত নাইব চুবেদাৰ বানা সিঙক ৮ম জে কে এল আই ৰেজিমেণ্টৰ অংশ হিচাপে চিয়াচেনত নিযুক্তি দিয়া হৈছিল আৰু কোৱাইড পোষ্ট দখল কৰাৰ দায়িত্ব দিয়া হৈছিল। ২৯ মে’ত ছেকেণ্ড লেফটেনেণ্ট ৰাজীৱ পাণ্ডেৰ নেতৃত্বত জে কে এল আই টহলদাৰী দলে এই পদ দখল কৰাৰ প্ৰচেষ্টাত ব্যৰ্থ হৈছিল, যাৰ ফলত ১০জন ভাৰতীয় সৈনিকৰ মৃত্যু হৈছিল। এমাহৰ প্ৰস্তুতিৰ অন্তত ভাৰতীয় সেনাই এই পদ দখল কৰিবলৈ নতুন অভিযান আৰম্ভ কৰে। দ্বিতীয় লেফটেনেণ্ট ৰাজীৱ পাণ্ডেৰ সন্মানত "অপাৰেচন ৰাজীৱ" নামৰ এই অভিযানৰ নেতৃত্ব দিছিল মেজৰ ভাৰিন্দৰ সিঙে। ১৯৮৭ চনৰ ২৩ জুনৰ পৰা আৰম্ভ কৰি মেজৰ ভাৰিন্দৰ সিঙৰ টাস্ক ফ’ৰ্চে এই পদ দখল কৰিবলৈ একাধিক আক্ৰমণ চলায়। প্ৰাৰম্ভিক বিফলতাৰ পিছত বানা সিঙৰ নেতৃত্বত ৫ জনীয়া দলটোৱে ১৯৮৭ চনৰ ২৬ জুনত সফলতাৰে কোৱাইড পোষ্ট দখল কৰে। বানা সিং আৰু চুনী লালকে ধৰি তেওঁৰ সতীৰ্থ সৈনিকসকলে ৪৫৭ মিটাৰ উচ্চতাৰ ঠেক বৰফৰ দেৱালত আৰোহণ কৰে। দলটোৱে অপ্ৰত্যাশিত দিশৰ পৰা কোৱাইড পোষ্টৰ কাষ চাপিছিল, তেওঁলোকে আন দলতকৈ দীঘলীয়া আৰু কঠিন পন্থা ব্যৱহাৰ কৰিছিল। তুষাৰপাতৰ ফলত দৃশ্যমানতা বেয়া হৈ পৰিছিল। শীৰ্ষত উপনীত হোৱাৰ পিছত বানা সিঙে গম পালে যে তাত মাত্ৰ এটায়ে পাকিস্তানী বাংকাৰ আছে। তেওঁ বাংকাৰত গ্ৰেনেড লব কৰি দুৱাৰখন বন্ধ কৰি দিলে আৰু ভিতৰত থকাসকলৰ মৃত্যু হ’ল। দুয়োপক্ষই হাতে হাতে যুদ্ধত লিপ্ত হয়। দুই এজন পাকিস্তানী সৈনিকে শৃংগৰ পৰা জঁপিয়াই পৰিল। পিছলৈ ভাৰতীয়সকলে পাকিস্তানী সৈন্যৰ ছটা মৃতদেহ উদ্ধাৰ কৰে। ১৯৮৮ চনৰ ২৬ জানুৱাৰীত অপাৰেচন ৰাজীৱৰ সময়ত তেওঁৰ বীৰত্বৰ বাবে ভাৰতৰ সৰ্বোচ্চ যুদ্ধকালীন বীৰত্ব পদক পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হয়। তেওঁ যি শৃংগ দখল কৰিছিল, সেই শৃংগটোৰ নাম তেওঁৰ সন্মানত বানা টপ ৰখা হৈছিল। কাৰ্গিল যুদ্ধৰ সময়ত তেওঁ আছিল একমাত্ৰ প.বী.চ বঁটাপ্ৰাপ্ত ব্যক্তি যিয়ে টা লাভৰ পিছৰ পৰ্যায়তো (২০০০ চনলৈ) সেনাবাহিনীত কৰ্মৰত আছিল। তথ্যসূত্ৰ পৰম বীৰ চক্ৰ টা
60776
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%20%E0%A6%B6%E0%A6%99%E0%A7%8D%E0%A6%95%E0%A7%B0%20%E0%A6%AE%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AF%E0%A6%A8
অসম শঙ্কৰ মিশ্যন
অসম শঙ্কৰ মিশ্যন হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটি অনুষ্ঠান।বিভিন্ন সমাজ সংস্কাৰমূলক কাম কৰি থকা এই মিশ্যনৰ প্ৰতিষ্ঠাতা আছিল ৰমাকান্ত মুক্তিয়াৰ আতা আৰু হলধৰ ভূঞা। স্থাপন ১৯৩১ চনত এই মিশ্যন স্থাপিত হয়।প্ৰথম স্থাপন কৰিছিল ৰমাকান্ত মুক্তিয়াৰ আতা আৰু হলধৰ ভূঞাই। ১৯৩০ চনত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ প্ৰতিষ্ঠা হোৱাৰ পিছত মুক্তিয়াৰ আতাই হৰিনাম ধৰ্ম প্ৰচাৰৰ লগে লগে শঙ্কৰদেৱৰ গীত-বাদ্য-নৃত্য, ভাওনা আদিৰ প্ৰশিক্ষণৰ বাবে এটি কেন্দ্ৰৰ উপলব্ধি কৰিছিল। সেই উদ্দেশ্যে ভূমি সংগ্ৰহৰ মন মেলোতেই কঢ়ালি গাঁৱৰ কেইজনমান লোকে মুক্তিয়াৰ আতাৰ মনৰ পৰিকল্পনা জানিব পাৰি ভূমিদান কৰে। ভূমিদান কৰা লোকসকল হ'লঃ দান হিচাপে পোৱা ১৯ বিঘা ৩ কঠা মাটিৰ হাবি কাটি বাসোপযোগী কৰাৰ পিছত ৰাইজৰ দান-বৰঙনিৰে নামঘৰ সাজে। শঙ্কৰদেৱৰ অনুগামী কেশৱকান্ত বৰুৱাই এটি গৃহ নিৰ্মাণ কৰাই দিয়ে। তেনেকৈয়ে কঢ়ালি মিশ্যনৰ আৰম্ভণি হয়। উল্লেখযোগ্য কাৰ্যসূচী অসম শঙ্কৰ মিশ্যনত অনাথ শিশু আৰু মহিলাক আশ্ৰয় দিয়াৰ আঁচনি লোৱা হৈছিল।সেই পৰিপ্ৰেক্ষিতত গোলাঘাটৰ তিনিটা অনাথ শিশু আৰু হাতীয়নি ভেটাৰ মনোমতী ইকীয়া,বাৰপূজীয়াৰ টুবৰী বুঢ়ী আৰু কঢ়ালিৰ চেনী বুঢ়ীক মিশ্যনত আশ্ৰয় দিয়া হৈছিল। অসমৰ বিভিন্ন স্থানৰ পৰা শঙ্কৰী সংস্কৃতিৰ প্ৰশিক্ষণ ল'বৰ বাবে যুৱকসকল আহিছিল। ১৯৮৬ চনৰ পৰা ২০০৪ লৈকে কাৰ্যবিৱৰণীত পোৱা বিভিন্ন সময়ত অসম শঙ্কৰ মিশ্যনৰ পৰিচালনা সমিতিয়ে লোৱা কৰ্ম আঁচনি সমূহ হৈছে- মিশ্যনৰ অব্যৱহৃত মাটিত চৰকাৰৰ আঁচনি অনুসৰি মূল্যবান বৃক্ষৰোপণ কৰা। শংকৰী কৃষ্টিৰ এখন বিদ্যালয় স্থাপন কৰা। মুক্তিয়াৰ আতাৰ সিঁচৰতি হৈ থকা ৰচনা সম্ভাৰ গোটাই গ্ৰন্থ সংকলন প্ৰকাশ কৰা। এটি পুথিভঁৰাল স্থাপন কৰা। মুক্তিয়াৰ আতাৰ জীৱনী প্ৰকাশ কৰা। মুক্তিয়াৰ আতাৰ ব্যৱহৃত সম্পত্তি সমূহ মুকলি ভাৱে প্ৰদৰ্শন কৰি ৰখা। মিশ্যনত যোগ ব্যায়াম আৰু এটি যোগ-চিকিৎসা কেন্দ্ৰ খোলা। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নীতি আদৰ্শ ভিত্তিত কৰ্মশালা আৰু প্ৰশিক্ষণ আয়োজন কৰা। ১৯৮৬-২০০৪ কালছোৱাত বিভিন্ন সময়ত মিশ্যন পৰিচালনা সমিতিয়ে সম্পাদনা কৰা কৰ্মসমূহ হৈছে- মণিকূট সহ নাম গৃহ নিৰ্মাণ। দানবীৰ কেশৱ কান্ত বৰুৱাৰ দানেৰে কেশৱ কান্ত বৰুৱাৰ স্মৃতি ভৱন নিৰ্মাণ। আতৈ জন থকাৰ বাবে গৃহ নিৰ্মাণ। বাৰিকৰ চুক প্ৰাথমিকৰ অলকা বৰাৰ দানেৰে মিশ্যনৰ বাটচ'ৰা নিৰ্মাণ। মূলৰ পৰা পোৱা অনুদানেৰে কাঁটা তাঁৰেৰে মিশ্যনৰ চৌহদ নিৰ্মাণ,মিশ্যনত থকা পুখুৰীটো আহল বহল কৰা আৰু ভকতৰ সুবিধাৰ্থে শৌচাগাৰ, প্ৰস্ৰাৱগাৰ নিৰ্মাণ। পূৰ্বাঞ্চলিক শাখাই এই স্থানতে এটি ৰন্ধন শালা নিৰ্মাণ কৰে। জনা যায় যে ১৯৩৫ চনত মিশ্যনত কেশৱ কান্ত বৰুৱাই কমলা বাগান খোলা ব্যৱস্থা কৰিছিল আৰু ২০০২ চনত পৰিচালনা সমিতিয়ে নগাঁও জিলাৰ উদ্যান সমিতিৰ উদ্যোগত মিশ্যনত উদ্যান শস্যৰ বাগিছা খোলাৰ কথা চিন্তা কৰি সেই কাৰ্য সম্পাদন কৰিছিল। অন্যান্য কৰ্মৰাজি শ্ৰীমন্ত শংকৰদেৱ মিশ্যন নামাকৰণেৰে ৰাজ্যিক চিকিৎসালয়ৰ প্ৰতিষ্ঠাৰ কাৰণে নগাঁও জিলাৰ জনস্বাস্থ্য বিভাগৰ নামত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মূল কাৰ্যনিৰ্বাহকে ৫ বিঘা মাটি দান কৰে। স্থানীয় প্ৰাথমিক বিদ্যালয়ৰ সুবিধাৰ্থে ৩ বিঘা মাটি দান কৰে। বৰ্তমান জমাবন্দি অনুযায়ী অসম শঙ্কৰ মিশ্যনৰ মাটি ৬ বিঘা ৩ কঠা ১৮ লোচা। অসম শঙ্কৰ মিশ্যনৰ প্ৰাঙ্গনত ১৯৩৭ চনত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৮ম বাৰ্ষিক অধিবেশন আৰু ১৯৫৪ চনত কৰ্মী সন্মিলন অনুষ্ঠিত হয়। ২০০৪ চনৰ ২৮,২৯ আৰু ৩০ জানুৱাৰীত নগাঁও জিলা শাখাৰ ৭৫ তম বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয়।জৰাজীৰ্ণ অৱস্থাত থকা মিশ্যনৰ মনিকূট আৰু কেশৱ ভৱনটি এই সময়তে ন-ৰূপত সজীৱ কৰি তোলা হয়। একেটা বছৰতে পূৰ্বাঞ্চলিক শাখাৰ সোণালী জয়ন্তীৰ উৎসৱ অনুষ্ঠিত হয়। ২০০৫ চনত মিশ্যনৰ পৰিচালনা সমিতিৰ উদ্যোগত পূৰ্বাঞ্চল আঞ্চলিক, ৰাইজ,মূল সঙ্ঘ আৰু চৰকাৰৰ অনুদানেৰে মিশ্যনৰ বাটচ'ৰা,নামঘৰ-মণিকূট আদি সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে, পানী যোগান আদিৰ ব্যৱস্থাও কৰা হৈছে। বিষয়ববীয়া ৰমাকান্ত মুক্তিয়াৰ আতাই প্ৰশিক্ষণৰ কাৰ্যক্ৰম সূচাৰুকৈ চলাবলৈ বিভিন্ন জনক বিভিন্ন দায়িত্ব দিছিল। খোল-তাল,বৰগীত-ভাওনা আদিৰ প্ৰশিক্ষণৰ বাবে বৰদোৱাৰ সত্ৰৰ সত্ৰাধিকাৰ। নাম প্ৰসঙ্গৰ বাবে কনকৰাম হাজৰিকা। হিন্দী শিক্ষাৰ বাবে জগত চন্দ্ৰ বৰা। দোকান বজাৰ কৰাৰ আৰু সম্পাদকৰ দায়িত্বত ভোলানাথ মুদৈ। বিধি বিধানৰ কাম চলাবৰ বাবে গম্ভীৰ সিংহ ডেকা। অনাথ আশ্ৰমত সূতা কটা,তাঁত বোৱা,ধান বনা আদি কাম চাবৰ বাবে টুবৰী বুঢ়ী,চেনী বুঢ়ী আৰু মনোমতী ইকীয়া। টকা সংগ্ৰহ আৰু ধৰ্ম শাস্ত্ৰ ব্যাখ্যা কৰিবৰ বাবে ৰমাকান্ত মুক্তিয়াৰ আতা। পুথিভঁৰালৰ সম্পাদক হিচাপে চণ্ডীনাথ ভূঞা। ঘৰ-বাৰী,চৌহদ, খেতিপথাৰ আদিৰ চোৱা-চিতাৰ বাবে সোপোকা নামে লোকজন। প্ৰথম পৰিচালনা সমিতি প্ৰথম পৰিচালনা সমিতিখন হৈছে- সভাপতি সকলৰ তালিকা ৰায়বাহাদুৰ ডম্বৰুধৰ বৰুৱা পীতাম্বৰ দেৱ গোস্বামী বালিৰাম দাস ৰূপৰাম সুত ভিবিৰাম বৰা মিনাকান্ত বৰা মহীৰাম দাস ললিত চন্দ্ৰ বৰা অলকা বৰা মাঘিৰাম বৰা সম্পাদক সকলৰ তালিকা কেশৱ কান্ত বৰুৱা ভোদানাথ মুদৈ চণ্ডীনাথ ভূঞাঁ,লীলা কাকতি(যুটীয়া সম্পাদক) হৰেন্দ্ৰ নাথ শইকীয়া প্ৰেমকান্ত মহন্ত মহীৰাম দাস অলকা বৰা ভদ্ৰেশ্বৰ ইকীয়া বুদ্ধি নাথ কলিতা ৰোহিত দাস অনন্ত ভূঞা ৰামেশ্বৰ বৰা গণেশ গায়ন তথ্যউৎস অনুষ্ঠান
79940
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%20%E0%A6%B6%E0%A7%8B%E0%A6%A7%E0%A6%A8%E0%A6%BE%E0%A6%97%E0%A6%BE%E0%A7%B0%20%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8B%E0%A6%B2%E0%A6%A8
অসম শোধনাগাৰ আন্দোলন
অসম শোধানাগাৰ আন্দোলন অসমৰ খাৰুৱা তেলেৰে অসমৰ সলনি কেন্দ্ৰীয় চৰকাৰে বিহাৰৰ বাৰাউনীত শোধানাগাৰ স্থাপন কৰিব বিচৰা সিদ্ধান্তৰ প্ৰতিবাদ কল্পে ১৯৫৬-৫৭ চনত সংঘটিত এক আন্দোলন। স্বাধীনতাৰ পিছত ভাৰতত সকলোতকৈ বৃহৎ তৈলক্ষেত্ৰখন আৱিষ্কৃত হৈছিল অসমৰ নাহৰকটীয়াত। নতুন তৈলক্ষেত্ৰখনৰ পৰা বছৰি আঢ়ৈ মিলিয়ন টন খাৰুৱা তেল উৎপাদনৰ আশা কৰা হৈছিল, যিয়ে পৰৱৰ্তী তিনি বছৰত দেশৰ এক-তৃতীয়াংশ প্ৰয়োজনীয়তা পূৰাব পাৰিব। অথচ এই তেলেৰে আচাম অইল কৰ্পোৰেচনে কলকাতাত আৰু ভাৰত চৰকাৰে বাৰাউনীত শোধানাগাৰ স্থাপন কৰাৰ পোষকতা কৰিছিল। প্ৰেক্ষাপট ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতৰ সৰ্ববৃহৎ তৈলক্ষেত্ৰখন আৱ্ষ্কিৃত হৈছিল উজনী অসমৰ নহৰকটীয়াত। নতুন তৈলক্ষেত্ৰখনৰ পৰা বছৰি ২.৫ মিলিয়ন টন খাৰুৱা তেলৰ উৎপাদন হ’ব বুলি ভবা হৈছিল, যিয়ে পৰৱৰ্তী তিনি বছৰৰ ভিতৰত ভাৰতৰ প্ৰয়োজনীয় তেলৰ চাহিদা এক-তৃতীয়াংশ পূৰাব পাৰিব। স্বাভাৱিকতে এটা নতুন শোধনাগাৰৰ প্ৰয়োজনীয়তা আহি পৰিল আৰু ১৯৫৬ চনত শোধনাগাৰৰ সৈতে জড়িত বিভিন্ন বিষয়ত আচাম অইল কোম্পানী আৰু বাৰ্মা অইল কোম্পানীৰ সৈতে ভাৰত চৰকাৰৰ কথা-বতৰা আৰম্ভ হ’ল। এটা বিশেষজ্ঞৰ কমিটিয়ে প্ৰস্তাৱিত শোধনাগাৰটো কলকাতাত স্থাপন কৰাৰ পোষকতা কৰিছিল। কমিটিয়ে লগতে আন দুখন ঠাইৰ নামো প্ৰস্তাৱ কৰিছিল, অসমৰ ধুবুৰী আৰু বিহাৰৰ বাৰাউনি। কিন্তু ভাৰত চৰকাৰৰ মন আছিল বাৰাউনিত শোধনাগাৰ স্থাপন কৰাৰহে। ভাৰত চৰকাৰে শোধনাগাৰটো ৰাজহুৱা খণ্ডত নিৰ্মাণৰ সিদ্ধান্ত লয়। কিন্তু আসাম অয়ল কোম্পানীয়ে স্পষ্টকৈ জনাই দিয়ে যে ৰাজহুৱা খণ্ডত শোধনাগাৰ নিৰ্মাণ কৰিলে তেওঁলোকে এই উদ্যোগত অংশ নলয়। এনে পৰিস্থিতিত ভাৰত চৰকাৰক বৃহৎ পূঁজি আৰু কাৰিকৰী সহায়ৰ প্ৰয়োজন হ’ল। অৱশেষত ১৯৫৭ চনত শোধনাগাৰ প্ৰতিষ্ঠাৰ বাবে এটা কোম্পানী প্ৰতিষ্ঠা হয়, য’ত বাৰ্মা অয়ল কোম্পানীৰ দুই-তৃতীয়াংশ আৰু ভাৰত চৰকাৰৰ এক-তৃতীয়াংশ অংশীদাৰিত্ব থাকিব। ঘটনাপ্ৰবাহ অসমত শোধনাগাৰ স্থাপন কৰাৰ সংক্ৰান্তত ৩ এপ্ৰিল ১৯৫৬-ত অসম বিধান সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয়; যদিও ভাৰত চৰকাৰে এই সম্পৰ্কে কোনো নিশ্চিত প্ৰতিশ্ৰুতি নিদিলে। শোধনাগাৰৰ দাবীত অসমত প্ৰথম বহলভিত্তিত প্ৰতিবাদ হয় ২৮ আগষ্ট ১৯৫৬-ত। বিধান সভাৰ বিৰোধী দল আৰু সদৌ অসম তেল শোধনাগাৰ একচন কমিটিৰ সভাপতি হৰেশ্বৰ গোস্বামীৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী পৰিচালিত হৈছিল। সেইদিনা সকলো দোকান-পোহাৰ, কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ থাকে। ৰেল আৰু বাচসেৱা স্থৱিৰ হৈ পৰে। ঠায়েঠায়ে সমদল আৰু জনসভা অনুষ্ঠিত কৰা হয়। নগাঁওত পুলিচ আৰু প্ৰতিবাদকাৰীৰ মুখামুখী সংঘৰ্ষ হয়। গুৱাহাটীত পুলিচে লাঠিচালনা আৰু কন্দুৱা গেছৰ প্ৰয়োগ কৰে। মুঠ ৩০৬জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হয়। ১৯৫৬ চনৰ আগষ্ট-চেপ্তেম্বৰৰ বিধান সভা অধিবেশনত ২৮ আগষ্টৰ হৰতাল সম্পৰ্কে যথেষ্ট বিতৰ্ক হয়। মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে হৰতালটোক ‘অযৌক্তিক’ আখ্যা দি কয় যে কেন্দ্ৰীয় চৰকাৰে আচাম অয়ল কৰ্পোৰেচনৰ কলকাতাত শোধনাগাৰ স্থাপনৰ দাবী মানি লোৱা নাই আৰু অসমৰ দৃষ্টিভংগীৰে চৰকাৰে বিষয়টো বিবেচনা কৰি আছে। মেধিয়ে হৰেশ্বৰ গোস্বামীৰ ভূমিকাক সমালোচনা কৰি কয় যে শোধনাগাৰৰ স্থান সম্পৰ্কে ৰাজপথত সিদ্ধান্ত লব পৰা নাযায়; ইয়াৰ বিষয়ে সিদ্ধান্ত লব পৰা যায় শীতল আৰু নিৰপেক্ষ আলোচনাৰ মাজেৰেহে। জনতাৰ হেচা আৰু ভাৰত চৰকাৰৰ সৈতে অসম চৰকাৰৰ নিৰন্তৰ আলোচনাৰ ফলস্বৰূপে বিষয়টো পৰ্যালচনা কৰিবলৈ ৰেল মন্ত্ৰালয়ৰ পৰামৰ্শদাতা এচ বশিষ্ঠৰ নেতৃত্বত এখন এঘাৰজনীয়া বিশেষজ্ঞ কমিটি গঠন কৰা হয়। কমিটিখনে অসমৰ দাবীক নহয়, মূলতঃ কাৰিকৰী দিশবোৰহে পৰ্যালোচনা কৰিছিল। ১৯৫৬ চনৰ ১৮ অক্টোবৰত জৱাহৰলাল নেহেৰুৱে অসম ভ্ৰমণলৈ আহোঁতে বহু শ মানুহে তেল শোধনাগাৰৰ দাবীত বিভিন্ন শ্লোগান আৰু ফেষ্টুনেৰে বিৰোধ প্ৰদৰ্শন কৰে। একচন কমিটিৰ এটা প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি কয় যে বিশেষজ্ঞ কমিটিয়ে অসমত শোধনাগাৰ স্থাপনৰ বিষয়টো চোৱাচিতা কৰিব লাগে আৰু এই সংক্ৰান্তত উদ্ভৱ হোৱা সমস্যাবোৰ কেনেকৈ মোকাবিলা কৰিব পাৰি, তাৰ উপায় বিচাৰিব লাগে। ১৯৫৭ চনৰ জুনত অসমৰ দাবীক উপেক্ষা কৰি ভাৰত চৰকাৰে বাৰাউনিত তেল শোধনাগাৰ স্থাপনৰ সিদ্ধান্ত লয়; যাৰ ফলস্বৰূপে অসমত ক্ষোভৰ বিষ্ফোৰণ ঘটে। ১৭ জুনত দল-মত নিৰ্বিশেষে অসম বিধান সভাৰ সকলো সদস্য ওলাই আহে। তেওঁলোকে মত ৰাখে যে অসমত পেট্ৰোলিয়াম ভিত্তিক উদ্যোগ, ৰেল পৰিবহণৰ উন্নয়ন আৰু নিয়োগ সৃষ্টিৰ বাবে অসমত শোধনাগাৰ স্থাপন অতিকৈ আৱশ্যক। বাতৰি কাকত, আলোচনীবোৰেও এই সংক্ৰান্তত নিৰন্তৰ প্ৰবন্ধ-পাতি আৰু ৰাইজৰ চিঠি প্ৰকাশ কৰিবলৈ ল’লে। ২৮ আৰু ২৯ জুনত হৰেশ্বৰ গোস্বামীৰ সভাপতিত্বত শোধনাগাৰ একচন কমিটিৰ সন্মিলন অনুষ্ঠিত হয়, য’ত অসমৰ সকলো জিলাৰ প্ৰতিনিধি উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি সন্মিলনে প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰে। ফলাফল অসমৰ ৰাইজৰ দাবীৰ ওচৰত সৈমান হৈ ভাৰত চৰকাৰে অসম আৰু বাৰাউনিত শোধনাগাৰ স্থাপনৰ সম্ভাৱনীয়া সম্পৰ্কে অধ্যয়ন কৰাৰ অৰ্থে সুকীয়া আঁচনি তৈয়াৰ কৰে। দ্য আমেৰিকান ফষ্টাৰ হুইলাৰ কোম্পানীক এই সংক্ৰান্তত পৰিকল্পনা আয়োগক পৰামৰ্শ দিয়াৰ বাবে দায়িত্ব দিয়া হ’ল। শেষত চৰকাৰে ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ অধীনত নুনমাটিত (গুৱাহাটী) আৰু বাৰাউনিত দুটাকৈ ১ মিলিয়ন মেট্ৰিক টন ক্ষমতাৰ ৰাজহুৱা খণ্ডৰ শোধনাগাৰ স্থাপনৰ সিদ্ধান্ত লয়। ১৯৬২ চনৰ পৰা গুৱাহাটী শোধনাগাৰৰ উৎপাদন আৰম্ভ হয়। শোধনাগাৰটো তদানিন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে উদ্বোধন কৰিছিল। লগতে পঢ়ক গুৱাহাটী তেল শোধনাগাৰ তথ্য সংগ্ৰহ আন্দোলন স্বাধীনোত্তৰ অসম অসমৰ
41503
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A7%8D%E2%80%8C%E0%A7%B1%E0%A6%BE%E0%A6%95%E0%A7%80%20%E0%A6%AA%E0%A7%8D%E0%A7%B0%27%E0%A6%9F%27%E0%A6%95%E0%A6%B2
মিল্‌ৱাকী প্ৰ'ট'কল
ৱাকী প্ৰ'ট'কল মানুহৰ জলাতংক ৰোগৰ বাবে কৰা এক পৰীক্ষামূলক চিকিৎসা পদ্ধতি। এই পদ্ধতিত ৰোগীক কৃত্ৰিম অচেতনতা অৱস্থালৈ লৈ যোৱা হয় আৰু এণ্টিভাইৰেল ঔষধ প্ৰযোগ কৰা হয়। প্ৰথমে জিনা গিজি নামৰ ৰোগীগৰাকীক সুষ্ঠ কৰি তোলা ৰডনী ৱিল'বি, কনিষ্ঠই এই পদ্ধতিৰ বিকাশ আৰু নামকৰণ কৰিছিল। কন্সিনৰ বাসিন্দা গিজি নামৰ যুৱতীগৰাকীয়েই আছিল জলাতংক প্ৰতিষেধক ব্যৱহাৰ নকৰাকৈ জলাতংকৰ পৰা আৰোগ্য লাভ কৰা প্ৰথম ৰোগী। ৱাকী প্ৰ'ট'কলক সেইবাবে কন্সিন প্ৰ'ট'কল বুলিও কোৱা হয়। ৰোগ্নাৱস্থাৰ ইতিহাস প্ৰাৰম্ভিক সংক্ৰমণ ২০০৪ চনৰ ১২ ছেপ্টেম্বৰত ছেইণ্ট মেৰী স্প্ৰিংছ হাইস্কুলৰ ১৫ বছৰীয়া ছাত্ৰী জিনা গিজিয়ে তেওঁৰ চহৰ কন্সিনৰ গীৰ্জাৰ পৰা আহোঁতে এটা বাদুলী ধৰে। তেওঁ বাঁওহাতৰ তৰ্জনী আঙুলিত কামোৰৰ আঘাত প্ৰত্যক্ষ কৰে। আঘাতৰ ঠাই হাইড্ৰ'জেন পেৰ'ক্সাইষেৰে ধোৱাৰ পাছত তেওঁৰ পৰিয়ালে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পৰা বিৰত থাকিল। কামোৰৰ সাতত্ৰিছ দিনৰ পাছত গিজিৰ স্নায়ৱিক লক্ষণ দেখা পোৱা গ'ল। ১০২ (৩৯ জ্বৰ, দ্বি-দৃষ্টি অসংলগ্ন কথা আৰু বাঁও বাহুৰ সঞ্চালনে হোৱা অৱস্থাত জিনাক ছেইণ্ট নেছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তেওঁ চিকিৎসাত ভাল ফল পোৱা নাছিল আৰু আন ৰোগৰ বাবে কৰা পৰীক্ষাও ঋণাত্মক আছিল। অৱস্থা বেয়াৰ ফালে ঢাল খাওঁতে গিজিয়ে এমাহমান আগতে কামোৰ খোৱাৰ কথা মাকক সোঁৱৰাই দিলে। তেতিয়া তেওঁৰ ৰোগ জলাতংক বুলি নিৰূপণ কৰি কন্সিনৰ শিশু চিকিৎসালয়ৰ ৱিল'বিৰ ওচৰলৈ পঠিয়াই দিয়া হ'ল। পাছত -ত পৰীক্ষা কৰি এই ৰোগ নিশ্চিত কৰা হয়। কৃত্ৰিম অচেতনতা চিকিৎসা ৰেবিজৰ এটা তত্ত্ব অনুসৰি ৰেবিজৰ ৰোগীৰ মৃত্যু মগজুৰ অস্থায়ী অকামিলা অৱস্থাই কৰে, ৰোগত মগজুৰ স্থায়ী ক্ষতি নহয়। এই তথ্য ব্যৱহাৰ কৰি ৱিল'বিৰ দলে জলাতংকৰ এটা পৰীক্ষামূলক চিকিৎসা পদ্ধতি বিকাশ কৰিলে। গিজিৰ কাম-দেউতাকে এই চিকিৎসাত সন্মতি প্ৰকাশ কৰে। ৱিল'বিৰ উদ্দেশ্য আছিল গিজিক মস্তিষ্কৰ কমাবলৈ কৃত্ৰিম অচেতনাত ৰখা যাতে তেওঁৰ নিজা প্ৰতিৰক্ষা তন্ত্ৰই ভাইৰাছ বিৰোধী প্ৰতিদেহ উৎপন্ন কৰে। গিজিক কেটামিন আৰু মিডাজ'লামৰ এটা মিশ্ৰণ দি সুপ্ত অৱস্থালৈ নি এণ্টিভাইৰেল ঔষধ ৰিবাভিৰিন আৰু এমেণ্টাডিন প্ৰযোগ কৰা হয়। প্ৰতিৰক্ষা তন্ত্ৰৰ অগ্ৰগতি প্ৰত্যক্ষ হওঁতে ছদিনৰ পাছত গিজিক সুপ্তাৱস্থাৰ পৰা মুকলি কৰা হয়। সংক্ৰমণৰ পাছত ৩১ দিন চিকিৎসালয়ত থকাৰ পাছত গিজিক ভাইৰাছ মুক্ত ঘোষণা কৰি অকলশৰীয়া অৱস্থাৰ পৰা আঁতৰোৱা হয়। তেওঁৰ মগজুৰ হ'ব পৰা ক্ষতি সম্পৰ্কে আশংকা কৰা হৈছিল। কিন্তু অলপ ক্ষতি সাধন হ'লেও ৰোগ আৰু চিকিৎসাই তেওঁৰ বোধ ক্ষমতা অটুট ৰাখিলে। কেইবাসপ্তাহো পুনৰ্বাসন চিকিৎসা লাভ কৰাৰ পাছত ২০০৫ চনৰ ১ জানুৱাৰীত গিজিক ঘৰলৈ যাবলৈ দিয়া হয়। ২০০৫ চনৰ আৰম্ভণিত তেওঁ নিজে খোজ কাঢ়িব পৰা হ'ল আৰু বিদ্যালয়লৈ ওভতাৰ লগতে গাড়ী চলোৱাৰ শিক্ষাও আৰম্ভ কৰিলে। মেয়' ক্লিনিকৰ নিউৰ'ল'জিষ্ট কেনেথ মেকে গিজিৰ অৱস্থা এইদৰে বৰ্ণনা কৰে: "তেওঁ খুব সুন্দৰভাৱে আৰোগ্য লাভ কৰিছে আৰু অৱস্থা অধিক উন্নত হ'ব।" গিজিয়ে ২০১১ চনত লে'কলেণ্ড কলেজৰ পৰা জীৱবিদ্যাৰ গ্ৰেজুৱেছন সম্পূৰ্ণ কৰে। গিজিয়ে বাদুলীত হোৱা গুৰুতৰ ৰোগৰ এখন গৱেষণাপত্ৰ লিখি উলিয়ায় আৰু জীৱবিজ্ঞানী বা পশুচিকিৎসক হিচাপে জীৱ-জন্তুৰ লগত জড়িত থকাৰ আশা প্ৰকাশ কৰে। বিদ্যালয়ত তেওঁ এগৰাকী লীট আছিল, কিন্তু ৰেবিজৰ পৰা হোৱা কিছু স্নাৱৱিক দুৰ্বলতাৰ বাবে তেওঁ দৌৰা আৰু সমতা ৰক্ষাত কিছু অসুবিধাত ভোগে। আৰোগ্যৰ তত্ত্ব ৱাকী প্ৰ'ট'কলৰ মাজেৰে গিজিৰ আৰোগ্য লাভৰ কাৰণ বিতৰ্কৰ আৱৰ্তত। চিকিৎসাৰ পদ্ধতিয়ে বিচৰামতেই কাম কৰা সত্ত্বেও তেওঁ চিকিৎসকসকলে মত প্ৰকাশ কৰে যে গিজি সম্ভৱতঃ ভাইৰাছবিধৰ এটা দুৰ্বল প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হৈছিল, বা কামোৰৰ ঠাই মগজুৰ পৰা আঁতৰত হোৱা বাবে তেওঁৰ প্ৰতিৰক্ষা তন্ত্ৰই ভাইৰাছৰ লগত যুঁজিবৰ বাবে যথেষ্ট সময় পাইছিল। চিকিৎসালয়ত ভৰ্তি হওঁতে তেওঁৰ গাৰ পৰা কেৱল প্ৰতিদেহহে পোৱা গৈছিল, কোনো ভাইৰাছ পোৱা নগৈছিল, আৰু পৰীক্ষাৰ বাবে বাদুলীটোও ধৰা হোৱা নাছিল। চিকিৎসা বিশেষজ্ঞসকলে ৱাকী প্ৰ'ট'কলৰ কাৰ্যকাৰিতা সম্পৰ্কে সন্দেহ প্ৰকাশ কৰে। তেওঁলোকে কয় যে ৰক্ষা পৰা সকলো ৰোগীৰ দেহতে নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰতিদেহ পোৱা যায়। ই এইটোকে সূচায় যে কোনো জিনীয় বা প্ৰতিৰোধমূলক উপাদানে আৰোগ্যত প্ৰভাৱ পেলাব পাৰে। অন্য চেষ্টাসমূহ গিজিৰ চিকিৎসা বিধান আজিকালি সালসলনি কৰা হৈছে (দ্বিতীয় ৰূপত ৰিবাভিৰিন ঔষধ ব্যৱহাৰ নহয়)। প্ৰথম প্ৰ'ট'কল অনুসৰি চিকিৎসা কৰা ২৫জন ৰোগীৰ দুজন ৰক্ষা পৰে। সংশোধিত প্ৰ'ট'কল অনুসৰি আন দহজন লোকক চিকিৎসা কৰা হয় যাৰ মাজত দুজন অধিক ৰক্ষা পৰে। ২০১১ চনৰ জুনত ৰেবিজ সংক্ৰমণৰ লক্ষণ ওলোৱাৰ আগতেই প্ৰতিষেধক নোলোৱা আন এটা শিশুৰ প্ৰাণৰক্ষা পৰে। কেলিফ'ৰ্নিয়াৰ প্ৰেচিয়াছ ৰে'নল্ডছ নামৰ আঠবছৰীয়া ছোৱালীজনীৰ ২০১১ চনৰ এপ্ৰিল মাহত এই ৰোগ হয় আৰু মে' মাহৰ মাজভাগমানলৈ তাই কোনো চিকিৎসা লাভ কৰা নাছিল। ফ্লুৱেঞ্জাৰ দৰে লক্ষণ ওলোৱাত প'লিঅ' হোৱাৰ সন্দেহ কৰি আইতাকে তাইক চিকিৎসকৰ ওচৰলৈ লৈ যায়। চিকিৎসকলে তাইক গিজিৰ দৰেই প্ৰ'ট'কল অনুসৰণ কৰি চিকিৎসা প্ৰদান কৰে। -ত দুসপ্তাহ কটোৱাৰ অন্তত তাইৰ প্ৰাণ ৰক্ষা পৰে। কিছুমান সমালোচকে কয় যে প্ৰাণৰক্ষা পৰাসকলৰ (৩৬ গৰাকীৰ ভিতৰত ৫ গৰাকী) এক জিনিয জলাতংক প্ৰতিৰোধ ক্ষমতা আছিল আৰু ৱাকী প্ৰ'ট'কলৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। কিন্তু এই মতে চাবলৈ গ'লে পূৰ্বে কোনো আৰোগ্য হোৱা ৰোগীৰ তথ্য নথকা সত্ত্বেও পাঁচ গৰাকী ৰোগী ৱাকী প্ৰ'ট'কল গ্ৰহণ কৰোঁতে তালীয়ভাৱে ৰক্ষা পৰে। কেটামিনৰ তেবিজ ভাইৰাছৰ বিৰুদ্ধে প্ৰত্যক্ষ প্ৰভাৱ থকাৰ প্ৰমাণ পোৱা গৈছে। তথ্য উৎস বাহ্যিক সংযোগ চিকিৎসা
7471
https://as.wikipedia.org/wiki/%E0%A6%97%E0%A6%A3%E0%A7%87%E0%A6%B6
গণেশ
গণেশ (সংস্কৃত: আন্তৰ্জাতিক সংস্কৃত লিপ্যন্তৰ পদ্ধতি অনুসৰি: পৌৰাণিক হিন্দু ধৰ্মৰ জনপ্ৰিয় আৰু সৰ্বাধিক পূজিত দেৱতাসকলৰ অন্যতম। ভাৰতৰ সকলো ঠাইতে গণেশ-মূৰ্তি দেখা যায়। সকলো হিন্দু সম্প্ৰদায়ৰ মাজতেই গণেশ দেৱৰ পূজা প্ৰচলিত। জৈনধৰ্ম, বৌদ্ধধৰ্ম আৰু ভাৰতৰ বাহিৰতো গণেশৰ আৰাধনা ব্যাপকভাৱে প্ৰচলিত। পুৰাণৰ বিৱৰণ অনুসৰি শিৱ আৰু পাৰ্বতীৰ জেষ্ঠ্য পুত্ৰ গণেশ আৰু কনিষ্ঠ পুত্ৰ কাৰ্তিক। পুৰাণত উল্লেখ কৰা অনুসৰি গণেশ হৰ-পাৰ্বতীৰ পুত্ৰ। তেখেতৰ ৰূপ বিভিন্ন শাস্ত্ৰসমূহত বিভিন্ন প্ৰকাৰৰ; তথাপিও সকলোতে তেওঁ গজমুণ্ড মনুষ্যাকাৰ দেৱতা। তেখেতৰ বাহন মূষিক বা এন্দুৰ; অথবা কোনো কোনো ঠাইত সিংহ। গণেশক সৰ্ববিঘ্নহন্তা বুলি বিশ্বাস কৰা হয়। তেওঁ সাধাৰণভাবে প্ৰাৰম্ভৰ দেৱতা, বিঘ্নৰ দেৱতা (বিঘ্নেশ বা বিঘ্নেশ্বৰ),গণেশ মূলত: শিল্পকলা, বিজ্ঞানৰ পৃষ্ঠপোষক, মহাবল, মেধা আৰু বুদ্ধিৰ দেৱতা। পূজা আৰু অন্যান্য অনুষ্ঠানৰ সময়ত গণেশৰ পূজা সবাতোকৈ আগত কৰা কৰ্তব্য বুলি বিবেচিত হয়। লিখাৰ সময়তো তেওঁক আখৰৰ পৃষ্ঠপোষকৰূপে আৱাহন কৰাৰ ৰীতি আছে। একাধিক পৌৰাণিক সূত্ৰৰ পৰা তেখেতৰ জন্ম, কীৰ্তিকলাপ আৰু মূৰ্তিতত্ত্বৰ ব্যাখ্যা পোৱা যায়। গণেশৰ অন্যান্য নামসমূহ হ’ল গণপতি, বিনায়ক, মহাগণপতি, বিৰিগণপতি, শক্তিগণপতি, বিদ্যাগণপতি, হৰিদ্ৰাগণপতি, উচ্ছিষ্টগণপতি, লক্ষ্মীবিনায়ক, হেৰম্ব, বক্ৰতুণ্ড, একদন্ত, মহোদৰ, গজানন, লম্বোদৰ, বিকট আৰু বিঘ্নৰাজ। দুৰ্গা (অম্বিকা) আৰু চামুণ্ডা, এই দুজনাই গণেশক পালন কৰিছিল বাবে তেওঁ দ্বৈমাতুৰ নামেও অভিহিত। পৃথক দেৱতা ৰূপে গণেশৰ উদ্ভৱ খ্ৰীষ্টিয় চতুৰ্থ আৰু পঞ্চম শতাব্দীৰ গুপ্তযুগত হৈছিল। যদিও একাধিক বৈদিক আৰু প্ৰাক-বৈদিক উৎসৰ পৰাও গণেশৰ উল্লেখ পোৱা যায়। তেখেতৰ জনপ্ৰিয়তা দ্ৰুতভাবে বৃদ্ধি পায় আৰু নৱম শতাব্দীত। পাঁচজন প্ৰধান দেৱতাৰ অন্যতম দেৱতা ৰূপে গণ্য কৰা হয়। এই সময়ত গণেশক সৰ্বোচ্চ দেৱতা স্বীকাৰ কৰি গাণপত্য (সংস্কৃত: আন্তৰ্জাতিক সংস্কৃত লিপ্যন্তৰণ পদ্ধতি অনুসৰি: সম্প্ৰদায়ৰ উদ্ভৱ ঘটে। গণেশ সংক্ৰান্তিয় প্ৰধান ধৰ্মগ্ৰন্থসমূহ হ’ল গণেশ পুৰাণ, মুদগল পুৰাণ, আৰু গণপতি অথৰ্বশীৰ্ষ। পুৰাণ কাব্যটো গণেশৰ উপস্থিতি লক্ষণীয়। তেওঁক অন্যতম শ্ৰেষ্ঠ ভাৰতীয় মহাকাব্য মহাভাৰত-ৰ লিপিকাৰ ৰূপে কল্পিত হয়। ভাৰতৰ সকলোতে তেখেতৰ পূজা প্ৰচলিত। তাৰপাছত মহাৰাষ্ট্ৰ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত গণেশ পূজা জাতীয় উৎসৱ ৰূপে উদযাপিত হয়। পশ্চিমবংগ, অসম আৰু বাংলাদেশ আদি ঠাইত অসমীয়া তথা বাংলাৰ নৱবৰ্ষৰ দিনটোত গণেশ পূজা প্ৰচলিত। ইয়াৰ বাদেও দুৰ্গোৎসৱত সপৰিয়ালে দেৱী দুৰ্গাৰ লগত গণেশৰো পূজা অৰ্চনা কৰা হয়। গণেশৰ গায়ত্ৰী মন্ত্ৰটো হ’ল মহৎকায়া বিদ্মহে বক্ৰতুণ্ডায় ধীমহি তন্নো দন্তী প্ৰচোদয়াৎ। বুৎপত্তি আৰু অন্যান্য নাম |'শ্ৰীময়ূৰেশ্বৰৰ ৰূপত দুই স্ত্ৰী বুদ্ধি আৰু সিদ্ধিৰ লগত গণেশ, মোৰগাঁৱৰ গণেশ মন্দিৰ (স্থানীয় আস্থাবিনায়ক চত্বৰৰ কেন্দ্ৰীয় মন্দিৰত) গণপতি আৰু বিঘ্নেশ্বৰ সহ গণেশৰ একাধিক নাম আৰু বিশেষণ আছে। হিন্দুসকলৰ সম্মানজনক শ্ৰী (সংস্কৃত: সম্বোধনটো প্ৰায়েই তেখেতৰ নামৰ আগত ব্যৱহৃত হয়। গণেশ পূজাৰ অন্যতম জনপ্ৰিয় পন্থা হ’ল গণেশ সহস্ৰনাম স্তোত্ৰপাঠ। এই স্তোত্ৰ গণেশৰ এহাজাৰ নামৰ সংকলন। সহস্ৰনামৰ প্ৰত্যেকটো নামেই গণেশৰ বিভিন্ন ৰূপৰ প্ৰতীক আৰু প্ৰত্যেকটোৱেই ভিন ভিন অৰ্থ বহন কৰে। গণেশ সহস্ৰনামৰ দুটা ভিন্ন পাঠ পোৱা যায়। তাৰ মাজত এটা গণেশ সম্পৰ্কিত শাস্ত্ৰগ্ৰন্থ গণেশ পুৰাণৰ পৰা সংগৃহীত। গণেশ নামটোৰ উৎস সংস্কৃত গণ অৰ্থাৎ দল বা গোষ্ঠী) আৰু ইশ অৰ্থাৎ প্ৰভু) শব্দদ্বয়। এই গণ প্ৰকৃতপক্ষে শিৱৰ উপদেৱতা অনুচৰবৃন্দৰ নাম। সাধাৰণভাবে এই শব্দটোৰ অৰ্থ সমূহ, দল বা সমষ্টি। এই কাৰণে কোনো কোনো ব্যাখ্যাকাৰীয়ে "গণৰ অধিপতি" কথাষাৰৰ অৰ্থ উলিয়ায় "সমূহৰ দেৱতা বা "সমষ্টিৰ দেৱতা গণেশ শব্দৰ আন এটা প্ৰতিশব্দ গণপতি (সংস্কৃত: গণপতি শব্দটো গণ অৰ্থাৎ দল আৰু পতি অৰ্থাৎ প্ৰভু এই দুই সংস্কৃত শব্দৰ দ্বাৰা গঠিত। প্ৰাচীন সংস্কৃত অভিধান অমৰকোষ গ্ৰন্থত গণেশ নামৰ আঠোটা প্ৰতিশব্দৰ তালিকা দিয়া হৈছে: বিনায়ক, বিঘ্নৰাজ (আক্ষৰিক প্ৰতিশব্দত বিঘ্নেশ), দ্বৈমাতুৰ (দুই মাতৃৰ সন্তান) গণাধিপ (আক্ষৰিক প্ৰতিশব্দত গণেশ বা গণপতি), একদন্ত (যাৰ এটা দাঁত), হেৰম্ব, লম্বোদৰ (বৃহৎ উদৰ বিশিষ্ট) আৰু গজানন (হস্তীমুণ্ডবিশিষ্ট)। পুৰাণ আৰু বৌদ্ধ তন্ত্ৰত গণেশক বিনায়ক (সংস্কৃত: নামেৰে অভিহিত কৰা হৈছে। অষ্টবিনায়ক নামেৰে পৰিচিত মহাৰাষ্ট্ৰৰ আঠোটা বিখ্যাত গণেশ মন্দিৰতো গণেশ এই নামেৰেই পূজিত হয়। বিঘ্নেশ (সংস্কৃত: আৰু বিঘ্নেশ্বৰ (সংস্কৃত: নামদুটা হিন্দু পুৰাণত বৰ্ণিত গণেশৰ প্ৰাথমিক দায়িত্ব বিঘ্ন অপসাৰণকে নিৰ্দেশ কৰে। তামিল ভাষাত গণেশক সাধাৰণতে পিল্লে বা পিল্লাইয়াৰ (সৰু শিশু) নামেৰে অভিহিত কৰা হৈছে। এ. কে. নাৰায়ণে এই দুই শব্দৰ পাৰ্থক্যক নিৰ্দেশ কৰি লিখিছে যে, পিল্লে শব্দৰ অৰ্থ শিশু, কিন্তু পিল্লাইয়াৰ শব্দৰ অৰ্থ মহান শিশু। তেওঁ আৰু লিখিছে যে দ্ৰাবিড় ভাষাগোষ্ঠীত পাল্লু, পেল্লাআৰু পেল শব্দসমূহৰ মাধ্যমত গজদন্ত অথবা সাধাৰণভাবে হাতীক নিৰ্দেশ কৰা হয়। অনিতা ৰাইনা থাপানে ভাবে যে, পিল্লাইয়াৰ শব্দৰ মূল শব্দ পিল্লে ৰ অৰ্থ সম্ভৱত: হাতীৰ পোৱালি; কাৰণ পালি ভাষাতপিল্লাকা শব্দৰ অৰ্থ হস্তীশিশু বা হাতীৰ পোৱালি। বিৱৰ্তন ‘গণপতি’ৰ প্ৰথম উল্লেখ পোৱা যায় প্ৰাচীনতম হিন্দু ধৰ্মগ্ৰন্থ ঋগ্বেদত। দুটি ঋক মন্ত্ৰত ‘গণানাম গণপতিম হবামহে...’ আৰু ‘বিষু সীদা গণপতে...’ বাক্যাংশসমূহে বৈদিক গণপতিৰ এটা ধাৰণা দিয়ে। যদিও এই গণপতি অৰু বৰ্তমান কালত পূজ্য পৌৰাণিক গণপতি একে নহয়। তথাপি এইকথা অনেকেই স্বীকাৰ কৰে যে বেদোত্তৰ যুগত ঋষিসকলৰ ‘গণপতি-ব্ৰহ্মণস্পতি’ৰ পৰাই পৌৰাণিক ‘গজবদন-গণেশ-বিঘ্নেশ্বৰ’-ৰ ধাৰণাটি বিবৰ্তিত হৈছে। ঋগ্বৈদিক গণপতিৰ আন এক নাম আছিল 'বৃহস্পতি' বা 'বাচস্পতি'। তেওঁ জ্যোতিৰ্ময় দেৱতা। তেখেতৰ গাৰ বৰণ ৰক্তিমাভ-স্বৰ্ণালি। অঙ্কুশ বা কুঠাৰ তেখেতৰ অস্ত্ৰ। তেখেতৰ আৰ্শীবাদ অবিহনে কোনো ধৰ্মীয় সিদ্ধি সম্ভব নহয় বুলি ধৰা হৈছিল। তেওঁ সৰ্বদা ‘গণ’ নামৰ এটা নৃত্যগীতকাৰী দলৰ লগত বিৰাজমান আছিল আৰু দেৱতা সকলৰ ৰক্ষকৰূপে কল্পিত হৈছিল। অন্যমতে, ভাৰতৰ আদিম অধিবাসীসকলৰ পূজিত হস্তীদেৱতা আৰু লম্বোদৰ যক্ষৰ মিশ্ৰণত গণেশৰ কল্পনাৰ উদ্ভব। অথবা এনেকুৱাও হ’ব পাৰে যে গণেশ সম্পূৰ্ণ অনাৰ্য দেৱতা পাছত যাৰ আৰ্যীকৰণ ঘটে। গণেশৰ বাহন এন্দুৰ এই আদিম কোনো সংস্কাৰৰ প্ৰতীক। খ্ৰীষ্টপূৰ্ব অষ্টমৰ পৰা ষষ্ঠ শতিকাৰ মধ্যবৰ্তী কোনো সময়ৰ লেখাতে বৌধায়ণ ধৰ্মসূত্ৰত গণেশৰ উল্লেখ নাই। খ্ৰীষ্টিয় চতুৰ্থ শতিকাত কালিদাস, খ্ৰীষ্টিয় ষষ্ঠ শতিকাত ভাৰবি, খ্ৰীষ্টিয় পঞ্চম শতিকাত পঞ্চতন্ত্ৰ বা ভৰত নাট্যশাস্ত্ৰ য়ো গণেশৰ সাক্ষ্য নিদিয়ে। গুপ্ত যুগৰ শেষভাগত খ্ৰীষ্টিয় পঞ্চম শতিকাৰ পৰাই এওঁৰ একক পূজা প্ৰচলিত হয়। 'মানবগৃহ্যসূত্ৰ' আৰু 'যাজ্ঞবল্ক্য স্মৃতি'-ত শাল, কটঙ্কট, উষ্মিত, কুষ্মাণ্ড ৰাজপুত্ৰ আৰু দেবযজন ইত্যাদিকে বিনায়ক বুলি উল্লেখ কৰা হৈছে। মহাভাৰততো এওঁলোকেই বিনায়ক। এওঁলোকৰৰ কাম বিঘ্ন উৎপাদন কৰা। এই সকলো বিনায়ক মিলি পাছত বিঘ্নৰাজ গণপতিৰ ৰূপ লয়। যাজ্ঞবল্ক্যৰ স্মৃতি অনুসৰি এজন বিনায়ক অম্বিকাৰ পুত্ৰ। ইয়াতেই গণেশক প্ৰথমবাৰ দুৰ্গাৰ সন্তান বুলি উল্লেখ কৰা হয়। বহু পুৰাণত তেওঁক স্বয়ম্ভূ বোলা হৈছে। আকৌ স্কন্সকলৰ গণ বা পৰিসদসকলৰ অনেকেই পশু-চৰাইৰ মুখবিশিষ্ট। খ্ৰীষ্টিয় ষষ্ঠ শতিকাৰ 'ভূমাৰা'ত এই ধৰণৰ বহু গণৰ উল্লেখ পোৱা যায়। গণেশ অৰ্থাৎ গণ-ঈশৰ হস্তীমুখৰ ইও এক কাৰণ হ’ব পাৰে। আকৌ কোনো কোনোৰ মতে যক্ষ আৰু নাগদেৱতা মিলি গণেশ। হাতীৰ মুণ্ড যুক্ত যক্ষ পুৰাণত বৰ্ণিত। ইয়াৰ বাদেও যক্ষসকলো লম্বোদৰ। 'যাজ্ঞবল্ক্য সংহিতা'-ত বিনায়ক আৰু গণপতিৰ পূজাৰ বিৱৰণ পোৱা যায়। খ্ৰীষ্টিয় সপ্তম শতিকাত ৰচিত ললিত মাধবতো গণেশৰ উল্লেখ পোৱা যায়। পৌৰাণিক উপাখ্যান গণেশ পৌৰাণিক হিন্দুধৰ্মত সৰ্বাগ্ৰে পূজ্য আৰু সেই কাৰণে অন্যতম প্ৰধান দেৱতা। স্বাভাৱিক কাৰণেই তেখেতৰ সম্পৰ্কে প্ৰচলিত নানা আখ্যান-উপাখ্যানে বিভিন্ন পুৰাণ আৰু মহাকাব্যত স্থান পাইছে। গণেশ সম্পৰ্কিত যিটো কাহিনী পুৰাণ আৰু উপকথাত সৰ্বাধিক চৰ্চিত সেইটো হ’ল গণেশৰ ‘গজানন’ হোৱাৰ কাৰণ। কোৱা বাহুল্য যে, পুৰাণৰ স্বাভাৱিক চৰিত্ৰ অনুসৰি এক এক পুৰাণত এই প্ৰসঙ্গত এক এক ৰকমৰ ভাষ্য পোৱা যায়। এনেকি একেই পুৰাণত পৰস্পৰ-বিৰোধী দুটি মতও কিছু কিছু ক্ষেত্ৰত স্থান পাইছে। ইয়াৰ বাদেও গণেশৰ পিতৃমাতৃভক্তি আৰু বিবাহ সম্পৰ্কিত নানা কাহিনীও বিভিন্ন গ্ৰন্থত পোৱা যায়। জন্মকথা শিৱপুৰাণ শিৱপুৰাণ-ত উল্লিখিত উপাখ্যান অনুসৰি, পাৰ্বতীয়ে এদিন নন্দীক দুৱৰী নিযুক্ত কৰি স্নান কৰিবলৈ যায়। এনে সময়তে শিৱ আহি তাত উপস্থিত হ’লত, তেওঁ নন্দীক তিৰষ্কাৰ কৰি পাৰ্বতীৰ স্নানাগাৰত প্ৰৱেশ কৰে। ইয়াতে পাৰ্বতী অপমানিত আৰু ক্ষুব্ধ হৈ উঠে। অৱশেষত সখী জয়া আৰু বিজয়াৰ লগত পৰামৰ্শ কৰি তেওঁ পানীৰ ঢৌ এটা তুলি এটা সুন্দৰ পুত্ৰৰ মূৰ্তি নিৰ্মাণ কৰে আৰু সেই মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰি তাক নিজৰ বিশ্বস্ত অনুচৰ হিচাপে নিয়োগ কৰে। ইয়াৰ পাছত এদিন এই কুমাৰক দুৱৰী নিয়োগ কৰি পাৰ্বতী স্নান কৰিবলৈ যোৱাত শিৱ আহি সেই ঠাইত উপস্থিত হ’ল। কুমাৰে শিৱক ভিতৰলৈ যোৱাত বাধা দিয়ে। ইয়াতে প্ৰথমে প্ৰমথগণৰ লগত তেওঁৰ বিবাদ হয় আৰু পাছত পাৰ্বতীৰ ইঙ্গিতত যুদ্ধ হয়। প্ৰমথগণ, শিৱ আৰু সকলো দেৱতা এই যুদ্ধত পৰাস্ত হয়। তেতিয়া নাৰদৰ পৰামৰ্শমতে বিষ্ণুৱে কুমাৰক মোহাচ্ছন্ন কৰে আৰু শিৱই ত্ৰিশূলৰ দ্বাৰা তেখেতৰ মস্তক বিছিন্ন কৰে। এই সংবাদ শুনি পাৰ্বতীয়ে ক্ৰুধিত হৈ বিশ্বসৃষ্টি বিনষ্ট কৰিবলৈ উদ্যোগী হৈ উঠে। নাৰদ আৰু দেৱগণে তেওঁক শান্ত কৰে। পাৰ্বতীয়ে তেখেতৰ পুত্ৰৰ পুনৰ্জীৱন দাবী কৰে আৰু ইচ্ছা প্ৰকাশ কৰে যে এই পুত্ৰ সকলোৰে পূজ্য হয় যেন। কিন্তু কুমাৰৰ মুণ্ডটি তেতিয়া আৰু পোৱা নগল। শিৱই তেতিয়া প্ৰমথগণক উত্তৰমুখে প্ৰেৰণ কৰে আৰু যাকে প্ৰথমে দেখা পায় তাৰেই মস্তক লৈ আহিবলৈ নিৰ্দেশ দিয়ে। তেওঁলোকে এটা একদন্ত হস্তীমুণ্ড লৈ উপস্থিত হ’ল আৰু দেৱগণে এই হস্তীমুণ্ডৰ সহায়তেই তেওঁক জীৱিত কৰি তোলে। অন্তত শিৱই তেওঁক নিজপুত্ৰ ৰূপে স্বীকাৰ কৰে। দেৱগণৰ আশীৰ্বাদত এই কুমাৰ সকলোৰে পূজ্য হয় আৰু গণেশ নামেৰে জনাজাত হয়। স্কন্দপুৰাণ স্কন্দপুৰাণ-ত গণেশৰ জন্মৰ বিষয়ে একাধিক উপাখ্যান আছে। এই পুৰাণৰ গণেশ খণ্ডত আছে, সিন্দূৰ নামে এক দৈত্যই পাৰ্বতীৰ গৰ্ভত প্ৰৱেশ কৰি গণেশৰ মস্তক বিছিন্ন কৰে। কিন্তু ইয়াত শিশুটিৰ মৃত্যু নঘটিল, বৰং সেই মুণ্ডহীন অৱস্থাতেই ভূমিষ্ঠ হয়। জন্মৰ পাছত, নাৰদে ইয়াৰ কাৰণ জিজ্ঞাসা কৰাত গণেশে তেওঁক ঘটনাটি জনায়। নাৰদে তাৰ পাছত তেওঁক ইয়াৰ এটা বিহিত ব্যৱস্থা কৰিবলৈ কোৱাত, তেওঁ নিজৰ বলত গজাসুৰৰ মস্তক ছিন্ন কৰি নিজৰ দেহত যুক্ত কৰে। স্কন্দপুৰাণ-ৰ ব্ৰহ্মখণ্ডত আছে, পাৰ্বতীয়ে নিজৰ গাত্ৰমলৰ পৰা এটা সুন্দৰ আৰু পূৰ্ণাঙ্গ পুতলা নিৰ্মাণ কৰি তাত প্ৰাণপ্ৰতিষ্ঠা কৰে। ইয়াৰ পাছত পাৰ্বতীয়ে তেওঁক নিজৰ স্নানাগাৰৰ দ্বাৰৰক্ষকৰ দায়িত্ব অৰ্পণ কৰে। শিৱই স্নানাগাৰত প্ৰৱেশ কৰিবলৈ যোৱাত বালক-কুমাৰে তেওঁক বাধা দিয়ে। শিৱৰ লগত তেখেতৰ যুদ্ধ হয় আৰু শিৱই ত্ৰিশূলেৰে তেখেতৰ মস্তক ছিন্ন কৰে। ইয়াৰ পাছত গজাসুৰক সন্মুখত পাই শিৱই তাৰ মস্তক ছিন্ন কৰি তাৰ মস্তক কুমাৰৰ স্কন্ধত যুক্ত কৰে। স্কন্দপুৰাণ-ৰ অৰ্বুদ খণ্ডত কোৱা হৈছে, পাৰ্বতীয়ে গাত্ৰমল দি এটা মুণ্ডহীন পুতলা তৈয়াৰ কৰে। তাৰপাছত স্কন্দক কৈছিল, পুতলাটোৰ মাথা তৈয়াৰ কৰাৰ বাবে অলপ বোকা আনিবলৈ; এই পুতলা হ’ব তেওঁৰ ভায়েক। স্কন্দই বোকা নাপায় এটা হাতীৰ মাথা কাটি আনে। পাৰ্বতীয়ে আপত্তি কৰিলেও দৈবযোগে এই মুণ্ডটিয়ে পুতলাৰ স্কন্ধত যুক্ত হয়। ইয়াৰ পাছত শক্তিৰূপিনী পাৰ্বতীয়ে পুতলাটিৰ জীৱনদান কৰে। গজমুণ্ডযুক্ত পুতলাৰ দেহত এক বিশেষ নায়কৰ ভাব ফুটি উঠে। এই কাৰণে শিৱৰ বৰত এওঁ ‘মহাবিনায়ক’ নামে পৰিচিত হ’ল। শিৱই কৈছিল, এই কুমাৰ গণাধিপতি হ’ব আৰু সকলো কামৰ আগে এওঁৰ পূজা নকৰিলে কাৰ্যসিদ্ধি নহ’ব। স্কন্দই এওঁক অস্ত্ৰ হিচাপে কুঠাৰ দান কৰে, পাৰ্বতীয়ে দিয়ে মোদকপূৰ্ণ সুগন্ধযুক্ত ভোজনপাত্ৰ। মোদকৰ গন্ধত এন্দুৰ এওঁৰ বাহন হয়। বৃহদ্ধৰ্মপুৰাণ বৃহদ্ধৰ্মপুৰাণৰ মতে, পাৰ্বতীয়ে পুত্ৰলাভত ইচ্ছুক হোৱাত শিৱই অনিচ্ছা প্ৰকাশ কৰে। অগত্যা পাৰ্বতীৰ খেচনিত শিৱই পাৰ্বতীৰ বস্ত্ৰকে টানি আনি তাকেই পুত্ৰ বুলি চুম্বন কৰিবলৈ কৈছিল। পাৰ্বতীয়ে সেই বস্ত্ৰকে পুত্ৰৰ আকাৰ দি কোলাত লওঁতেই সেইটো জীৱিত হৈ উঠে। তেতিয়া শিৱই পুত্ৰক কোলাত লৈ কৈছিল, এই পুত্ৰ স্বল্পায়ু। উত্তৰদিশে মূৰ কৰি শায়িত এই শিশুৰ মস্তকো তৎক্ষণাৎ ছিন্ন হৈ যাব। তাকে শুনি পাৰ্বতী শোকাকুল হৈ যায়। এনে সময়তে দৈৱবাণী হয় যে উত্তৰদিশে মূৰ কৰি শুই থকা এনে কাৰোবাৰ মূৰ আনি জোৰা দিলে তেতিয়াই এই পুত্ৰ জী উঠিব। পাৰ্বতীয়ে তেতিয়া নন্দীক মস্তকৰ সন্ধানত পঠায়। নন্দীয়ে ইন্দ্ৰৰ বাহন ঐৰাবতৰ মূৰ কাটি আনে। দেৱতাসকলে বাধা দিও ব্যৰ্থ হয়। এই মূৰটো আনি জোৰা দিয়েই শিৱই পুত্ৰক জীৱিত কৰি তোলে। শিৱৰ বৰত, ইন্দ্ৰই ঐৰাবতক সমুদ্ৰত পেলাই দিলত পুনৰ মস্তক প্ৰাপ্ত হয়। ব্ৰহ্মবৈবৰ্ত পুৰাণ ব্ৰহ্মবৈবৰ্ত পুৰাণৰ মতে, শঙ্খ-চক্ৰ-গদা-পদ্মধাৰী কৃষ্ণক দেখি মুগ্ধ হৈ পাৰ্বতীয়ে অনুৰূপ এক পুত্ৰকামনা কৰে। কৃষ্ণইয়ো তেওঁক ইচ্ছাপূৰণৰ বৰ দিয়ে। ইয়াৰপাছত এদিন যেতিয়া শিৱ-পাৰ্বতী স্বগৃহত ক্ৰীড়াৰত আছিল, সেই সময়ৰ কৃষ্ণই বৃদ্ধ ব্ৰাহ্মণৰ বেশত ভিক্ষা বিচাৰি আহে। পাৰ্বতীয়ে তেওঁক ভিক্ষা দিবলৈ যোৱাত শিৱৰ বীৰ্য পতিত হয় আৰু কৃষ্ণই শিশুৰ বেশত পালঙ্কত আবিৰ্ভূত হয়। বৃদ্ধ ব্ৰাহ্মণ অন্তৰ্হিত হয়। পাৰ্বতীয়ে তেতিয়া পালঙ্কত ‘শতচন্দ্ৰসমপ্ৰভম্’ এক শিশুক দেখি আনন্দিত হয়। তাৰপাছত দেৱতা আৰু ঋষিসকলে কুমাৰক চাবলৈ শিৱৰ ভৱনলৈ আহে। আহে শনি দেবও। শনিয়ে নিজৰ কুদৃষ্টিৰ কথা পাৰ্বতীক জনায়। পাৰ্বতীয়ে তথাপি তেওঁক জোৰ কৰাত তেওঁ কুমাৰক চাবলৈ সম্মত হয়। কিন্তু শনিয়ে সভয়ে বাওঁ-চকুৰ কোণেৰে কুমাৰক দেখামাত্ৰকে তাৰ মস্তক ছিন্ন হৈ বৈকুণ্ঠত কৃষ্ণৰ দেহত গৈ মিহলি হয়। পাৰ্বতী শোকত মুৰ্ছিত হৈ পৰে। তেতিয়া বিষ্ণুৱে গৰুড়ত আৰোহণ কৰি পুষ্পভদ্ৰা নদীৰ পাৰলৈ আহি উত্তৰদিশে মূৰ কৰি শুই থকা এটা হাতীক দেখে। তাৰ মস্তক ছিন্ন কৰাত হস্তিনী অৰু তাইৰ পোৱালিকেইটাই কান্দি কান্দি বিষ্ণুৰ আৰাধনা কৰে। তেতিয়া বিষ্ণুৱে সেই মুণ্ডটোৰ পৰা দুটি মুণ্ড তৈয়াৰ কৰি এটা হাতীৰ স্কন্ধত আৰু আনটো গণেশৰ স্কন্ধত স্থাপন কৰি উভয়কেই জীৱিত কৰে। শিৱৰ অনুগ্ৰহত গণেশ সকলো দেৱতাৰ আগেয়ে পূজিত হোৱাৰ অধিকাৰ প্ৰাপ্ত হয়। পাৰ্বতী আৰু শিৱৰ বৰত গণেশ গণাধিপতি, বিঘ্নেশ্বৰ আৰু সৰ্বসিদ্ধিদাতা হয়। ইয়াৰ পাছত কাৰ্তিকক সেনাপতিৰ পদত নিয়োগ কৰিবলৈ গৈ ইন্দ্ৰৰ হাত স্তমভিত হৈ যায়। তেওঁ শিৱক ইয়াৰ কাৰণ জানিব খোজাত তেওঁ কৈছিল যে, গণেশক আগে পূজা নকৰাৰ বাবেই এনে হৈছে। ব্ৰহ্মবৈবৰ্ত পুৰাণত উল্লিখিত আন এক মতৰ মতে, মালী আৰু সুমালী নাম দুই শিৱভক্তই সূৰ্যক ত্ৰিশূলৰ দ্বাৰা আঘাত কৰে। ইয়াতে সূৰ্য অচেতন হৈ পৰাত সমগ্ৰ বিশ্ব অন্ধকাৰ হৈ যায়। সূৰ্যৰ পিতা কশ্যপে শিৱক অভিশাপ দিয়ে যে শিৱৰ পুত্ৰৰ মাথাও খহি পৰিব। এই বাবে গণেশ মুণ্ডহীন হয় আৰু ইন্দ্ৰৰ ঐৰাবতৰ মাথা আনি তেখেতৰ মস্তকত জোৰা দিয়া হয়। পদ্মপুৰাণ পদ্মপুৰাণৰ মতে, হৰপাৰ্বতীয়ে ঐৰাবতৰ বেশত বনত বিহাৰ কৰি আছিল, তেওঁলোকৰ সেই মিলনৰ ফলত গজমুণ্ড গণেশৰ জন্ম হয়। লিঙ্গপুৰাণ লিঙ্গপুৰাণৰ মতে, দেৱগণ গৈ শিৱৰ কাষত উপস্থিত হয় আৰু ব্ৰহ্মাৰ অসুৰসকলৰ হাতৰ পৰা নিৰাপত্তা বিচাৰে। শিৱই তেতিয়া নিজৰ দেহৰ পৰা গণেশৰ জন্ম দিয়ে। বৰাহপুৰাণ বৰাহপুৰাণৰ মতে, দেৱ আৰু ঋষিগণে ৰুদ্ৰৰ কাষত বিঘ্নোপসাৰণকাৰী এক নতুন দেৱতা বিচৰাত হাস্যময় শিৱৰ সম্মুখৰ আকাশত শিৱৰ গণ-যুক্ত এক কুমাৰৰ জন্ম হ’ল। এই শিশুৰ ৰূপত দেৱগণ, এনেকি স্বয়ং পাৰ্বতীও মুগ্ধ হৈ যায়। কিন্তু শিৱ ক্ৰুদ্ধ হ’লে আৰু অভিশাপ দিলে যে এই কুমাৰ গজমুখ, লম্বোদৰ আৰু নাগ উপবীত হ’ব। এই ক্ৰুদ্ধ হোৱাৰ সময়ত শিৱৰ পদনিঃসৃত ঘামৰ পৰা অসংখ্য গজমুখ বিনায়ক গণে জন্ম লয়। কুমাৰ গণেশ হ’লে এওঁলোকৰ অধিপতি। ইয়াত কুমাৰ গণেশ আৰু গণসকল বিঘ্নকৰ আৰু গজাস্য বুলি উল্লিখিত আছে। দেৱীপুৰাণ দেৱীপুৰাণৰ মতে, শিৱৰ ৰাজসিক ভাব দেখা দিলত তেখেতৰ দুই হাত ঘামে আৰু সেই ঘামৰ পৰাই গজাননৰ জন্ম হয়। মৎসপুৰাণ মৎস্যপুৰাণৰ মতে, পাৰ্বতীয়ে চূৰ্ণক বা বেচন দি নিজৰ গা মালিচ কৰি আছিল। সেই সময়ত এই চূৰ্ণকেদি এটা গজাননৰ মূৰ্তি নিৰ্মাণ কৰি তাক গঙ্গাজলত পেলাই দিয়ে। পুতুলাটো বিৰাট হৈ পৃথিৱী পূৰ্ণ কৰাত উদ্যত হোৱাত পাৰ্বতী আৰু গঙ্গাই ইয়াক পুত্ৰ বুলি সম্বোধন কৰে আৰু ব্ৰহ্মাই ইয়াক গণাধিপতি কৰি দিয়ে। বামনপুৰাণ বামনপুৰাণৰ মতে, পাৰ্বতীয়ে স্নানৰ সময়ত নিজৰ গাত্ৰমল দি চতুৰ্ভূজ গজাননৰ মূৰ্তি নিৰ্মাণ কৰাত মহাদেৱে তাক পুত্ৰৰূপে গ্ৰহণ কৰে। কৈছিল, যিহেতু “ময়া নায়কেন বিনা জাতঃ পুত্ৰকঃ” (মোৰ অবিহনেই পুত্ৰৰ জন্ম হৈছে) সেইহেতু ই বিনায়ক নামেৰে প্ৰসিদ্ধ হ’ব আৰু বিঘ্ননাশকাৰী হ’ব। অন্যান্য উপাখ্যান ব্ৰহ্মবৈবৰ্ত পুৰাণ ব্ৰহ্মবৈবৰ্ত পুৰাণ অনুযায়ী, পৰশুৰামে একৈশবাৰ পৃথিৱীক নিঃক্ষত্ৰিয় কৰি কৈলাসলৈ শিৱৰ লগত সাক্ষাৎ কৰিবলৈ অহাত, দ্বাৰৰক্ষক গণেশে তেওঁক বাধা দিয়ে। ফলত উভয়ৰ মাজত ভয়ানক যুদ্ধ হয়। পৰশুৰামৰ কুঠাৰৰ আঘাতত গণেশৰ এটা দাঁত সমূলি ভাঙি যায়। শিবপুৰাণ শিবপুৰাণ অনুসৰি, গণেশ আৰু কাৰ্তিকৰ বিবাহৰ বাবে জোৰ-জবৰদস্তি কৰি আছিল। তেতিয়া স্থিৰ হয় যে, উভয়ৰ মাজত যিয়ে আগে বিশ্বপৰিক্ৰমা কৰি আহিব পাৰিব তাৰ বিবাহ আগে হবে। কাৰ্তিকে ময়ূৰত আৰোহণ কৰি বিশ্বপৰিক্ৰমাযলৈ ওলায়; কিন্তু গণেশে শিৱ আৰু পাৰ্বতীক সাতবাৰ প্ৰদক্ষিণ কৰি কৈছিল, শাস্ত্ৰমতে তেওঁ শতবাৰ বিশ্বপৰিক্ৰমা কৰিলে। ইয়াৰ পাছত বিশ্বৰূপৰ দুই কন্যা সিদ্ধি আৰু বুদ্ধিৰ লগত গণেশৰ বিবাহ হয়। সিদ্ধিৰ পুত্ৰ হয় লক্ষ্য আৰু বুদ্ধিৰ পুত্ৰ লাভ। কাৰ্তিকে নাৰসকলৰ কাষৰ পৰা বিবাহৰ সংবাদ পাই ঘূৰি আহে আৰু মনৰ দুখত ক্ৰৌঞ্চ পৰ্বতত গৈ বাস কৰিবলৈ ধৰে। অন্য এটা মতৰ মতে, তুলসী নামৰ এক নাৰীয়ে গণেশক বিবাহ কৰিবলৈ বিচৰাত ব্ৰহ্মচৰ্যব্ৰতী গণেশ অসম্মত হয়। তেওঁ তুলসীৰ চিত্ত বৈকল্যৰ বাবে তাক শাও দিয়ে দানবপত্নী হ’বলৈ। তুলসীয়েও তেওঁক শাও দিয়ে। ফলত পুষ্টি নামৰ এক নাৰীক গণেশে বিবাহ কৰিবলৈ বাধ্য হয়। তন্ত্ৰ তন্ত্ৰমতে লক্ষ্মী আৰু সৰস্বতী গণেশৰ স্ত্ৰী। ইয়াৰ বাদেও তীব্ৰা, জ্বালিনী, নন্দা, সুভোগদা, কামৰূপিনী, উগ্ৰা, তেজোবতী, সত্যা আৰু বিঘ্ননাশিনী নামেৰে আন নগৰাকী শক্তিৰ কথাও জনা যায়। মহাভাৰত মহাভাৰতৰ মতে, কৌৰৱ আৰু পাণ্ডৱসকলৰ মৃত্যু হ’লত ব্যাসদেৱে ধ্যানত বহে। মহাভাৰতৰ সমস্ত ঘটনা তেখেতৰ মনৰ মাজত ফুটি উঠে। তেতিয়া এই সুবিশাল গ্ৰন্থ লিপিবদ্ধ কৰাৰ বাবে উপযুক্ত লিপিকাৰৰ সন্ধানত তেওঁ ব্ৰহ্মাৰ কাষলৈ যায়। ব্ৰহ্মাই তেওঁক গণেশৰ কাষলৈ যাবলৈ কৈছিল। গণেশে মহাভাৰত লিখিবলৈ সম্মত হয় ঠিকেই, কিন্তু শৰ্তাৰোপ কৰে যে, লিখোতে লিখোতে তেখেতৰ কলম থমকি ৰ’ব নোৱাৰিব। ব্যাসেও প্ৰত্যুত্তৰত চৰ্তাৰোপ কৰে যে, কোনো শ্লোকৰ অৰ্থ নুবুজাকৈ তেওঁ লিখিব নোৱাৰিব। এইবাবে ব্যাসে মহাভাৰতত ৮৮০০ কূটশ্লোক অন্তৰ্ভুক্ত কৰে, যাতে এই শ্লোকসমূহৰ অৰ্থ অনুধাবন কৰাত গণেশৰ কিছু সময় লাগে আৰু সেই অৱসৰত তেওঁ আৰু কিছুসংখ্যক শ্লোক ৰচনা কৰে। গণেশ চতুৰ্থী ভাদ্ৰ আৰু মাঘমাহৰ শুক্লাচতুৰ্থীকে গণেশ চতুৰ্থী বোলা হয়। হিন্দু বিশ্বাস অনুসৰি এই দিনটো গণেশৰ জন্মদিন। গণেশ চতুৰ্থী সংক্ৰান্তত এটা কিংবদন্তী হিন্দুসমাজত প্ৰচলিত, এবাৰ গণেশ চতুৰ্থীত প্ৰতি ঘৰতে মোদক ভক্ষণ কৰি ভৰা পেটেৰে এন্দুৰৰ পিঠিত উঠি ফুৰি আছিল গণেশ। পথত এন্দুৰৰ সন্মুখত এটা সাপ আহি পৰাত সি ভয়ত কঁপিবলৈ আৰম্ভ কৰে। এনেতে গণেশ পৰি যায় আৰু তেখেতৰ পেট ফাটি সকলো মোদক ৰাস্তাত পৰি যায়। গণেশে উঠি সেইবোৰ বুটলি পেটৰ মাজত সুমুৱায় পেটৰ ফটা ঠাইটুকুৰা সেই সাপডালেৰেই বান্ধি দিয়ে। আকাশৰ পৰা চন্দ্ৰই তাকে দেখি হাঁহি পেলায়। গতিকে গণেশ শাও দিয়ে যে চতুৰ্থীৰ দিনা কোনেও চন্দ্ৰ দেখা নাপাব। প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে গণেশ অত্যন্ত মোদকপ্ৰিয় দেৱতা। অন্যমতে, এই দিনা শিৱই গণেশক লুকুৱাই কাৰ্তিকক এটা ফল দিছিল। চন্দ্ৰই তাকে দেখি হঁহাত শিৱই চন্দ্ৰক অভিশাপ দিয়ে। অৱতাৰ গাণপত্য সম্প্ৰদায়ৰ প্ৰধান ধৰ্মগ্ৰন্থ তথা গণেশ বিষয়ক দুই উপপুৰাণ গণেশ পুৰাণ আৰু মুদ্গল পুৰাণ-ত পৃথক পৃথকভাবে গণেশৰ যথাক্ৰমে চাৰি আৰু আঠোটি অৱতাৰৰ কথা কোৱা হৈছে। গণেশ পুৰাণ গণেশ পুৰাণ-ত উল্লিখিত গণেশৰ চাৰি অৱতাৰ সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলিযুগত অবতীৰ্ণ হয়। এওঁলোক হ’ল মহোৎকট বিনায়ক এওঁ দশভূজধাৰী আৰু ৰক্তবৰ্ণৰ। বিভিন্ন সূত্ৰৰ পৰা প্ৰাপ্ত তথ্যত দেখা যায় এওঁৰ বাহন হয় হাতী নহয় সিংহ। এওঁ সত্য যুগত কশ্যপ আৰু অদিতিৰ সন্তান হৈ জন্মগ্ৰহণ কৰে আৰু সেই কাৰণে কাশ্যপেয় নামেৰে পৰিচিত হয়। এই অৱতাৰত তেওঁ নৰান্তক আৰু দেবান্তক নামে দুই অসুৰভ্ৰাতা অৰু ধূম্ৰাক্ষ নামৰ এক দৈত্যক বধ কৰে। ময়ূৰেশ্বৰ এওঁ ষড়ভূজধাৰী আৰু শ্বেতবৰ্ণৰ। বাহন ময়ূৰ। ত্ৰেতা যুগত শিৱ আৰু পাৰ্বতীৰ পুত্ৰৰূপে এওঁৰ জন্ম। এই অৱতাৰত তেওঁ সিন্ধু নামৰ এক দৈত্যক বধ কৰে। অৱতাৰকাল সমাপ্ত হ’লত ময়ূৰটি তেওঁ তেখেতৰ ভ্ৰাতা কাৰ্তিকক দান কৰে। গজানন এওঁ চতুৰ্ভুজধাৰী আৰু ৰক্তবৰ্ণৰ। বাহন এন্দুৰ। এওঁ দ্বাপৰ যুগত শিৱ আৰু পাৰ্বতীৰ পুত্ৰ হৈ জন্মগ্ৰহণ কৰে। সিন্দুৰ নামৰ এক দৈত্যক তেওঁ এই অৱতাৰত বধ কৰে। এই অৱতাৰতেই ৰজা বৰেণ্যৰ কাষত তেওঁ গণেশ গীতা প্ৰকাশ কৰে। ধূম্ৰকেতু দ্বিভূজ অথবা চতুৰ্ভূজধাৰী আৰু ধূম্ৰবৰ্ণৰ। বাহন নীল ঘোঁৰা। এওঁ কলি যুগৰ শেষত অৱতীৰ্ণ হ’ব আৰু অনেক দৈত্য বধ কৰিব। এই অৱতাৰ বিষ্ণুৰ শেষ অবতাৰ কল্কিৰ অনুসৰণত কল্পিত। মুদ্গল পুৰাণ মুদ্গল পুৰাণ-ত গণেশৰ আঠোটি অৱতাৰৰ বৰ্ণনা পোৱা যায়। এওঁলোক হ’ল বক্ৰতুণ্ড প্ৰথম অবতাৰ। এওঁক ব্ৰহ্মৰ অংশ আৰু পৰম বুলি মানিলোৱা হয়। এওঁৰ সিংহবাহন। এই অৱতাৰৰ উদ্দেশ্য মাৎসৰ্যাসুৰ (অৰ্থাৎ ঈৰ্ষা) বধ। একদন্ত এওঁ প্ৰত্যেক ব্যক্তিগত আত্মা আৰু পৰমব্ৰহ্মৰ প্ৰতীক। এওঁৰ মূষিকবাহন। এই অৱতাৰৰ উদ্দেশ্য মদাসুৰ (অৰ্থাৎ, অহং) বধ। মহোদৰ এওঁ বক্ৰতুণ্ড আৰু একদন্তৰ সম্মিলিত ৰূপ। ব্ৰহ্মৰ প্ৰজ্ঞাৰ প্ৰতীক। মোহাসুৰ (অৰ্থাৎ সংশয়) বধ এই অৱতাৰৰ উদ্দেশ্য। এওঁৰো মূষিকবাহন। গজবক্ত্ৰ বা গজানন মহোদৰৰ অন্যৰূপ। লোভাসুৰ (অৰ্থাৎ লোভ) বধ এই অৱতাৰৰ উদ্দেশ্য। লম্বোদৰ ব্ৰহ্মৰ শক্তিৰ প্ৰতীক। এওঁৰ মূষিকবাহন। ক্ৰোধাসুৰ (অৰ্থাৎ ৰাগ) বধ এই অৱতাৰৰ উদ্দেশ্য। বিকট সূৰ্যৰ প্ৰতীক। জ্যোতিৰ্ময় ব্ৰহ্মৰ প্ৰকাশ। কামাসুৰ (অৰ্থাৎ কামনাবাসনা) বধ এই অৱতাৰৰ উদ্দেশ্য। এওঁৰ ময়ূৰবাহন। বিঘ্নৰাজ বিষ্ণুৰ প্ৰতীক। ব্ৰহ্মৰ অস্তিত্বৰ প্ৰকাশ। মমাসুৰ (অৰ্থাৎ অহংকাৰ) বধৰ উদ্দেশ্যে এই অৱতাৰ। ধূম্ৰবৰ্ণ শিৱৰ প্ৰতীক। ব্ৰহ্মৰ বিনাশ শক্তিৰ প্ৰকাশ। এওঁৰ অশ্ববাহন। অভিমানাসুৰ (অৰ্থাৎ গৰিমা) বধৰ উদ্দেশ্যে এই অৱতাৰ। ৰূপ আৰু ৰূপভেদ ভাৰতীয় শিল্প আৰু চিত্ৰকলাত গণেশ এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয় মূৰ্তিকল্প। গণেশৰ নানা ৰূপৰ বৰ্ণনা যিদৰে পুৰাণ আৰু ইতিহাসত পোৱা গৈছে, তেনেকৈ তেখেতৰ বিচিত্ৰ আৰু বহুমুখী মূৰ্তিও ভাৰতীয় উপমহাদেশত, আনকি উপমহাদেশৰ বাহিৰতো নানা স্থানৰ পৰা আবিষ্কৃত হৈছে। তেখেতৰ মূৰ্তিসমূহ বিচিত্ৰ ভাৱত ৰঞ্জিত। ক’ৰবাত তেওঁ দণ্ডায়মান, ক’ৰবাত নৃত্যৰত, ক’ৰবাত তেওঁ অসুৰবধকাৰী বীৰ যুৱক, ক’ৰবাত শিশুপুত্ৰ বেশত মাতাপিতাৰ কোলাত ক্ৰীড়াৰত অৱস্থাত, আকৌ ক’ৰবাত নিতান্তই পূজাভিলাষী হৈ উপবিষ্ট হৈ থকা। জনা যায় যে, গণেশৰ মূৰ্তি প্ৰথম নিৰ্মিত হৈছিল শ্ৰীলঙ্কাত খ্ৰীষ্টিয় দ্বিতীয় শতিকাত। খ্ৰীষ্টিয় ষষ্ঠ শতিকাত ভাৰতৰ বিভিন্ন অঞ্চলৰ গণেশৰ মূৰ্তি নিৰ্মিত হ’বলৈ আৰম্ভ কৰে। খ্ৰীষ্টিয় সপ্তম শতিকাতেই গণেশে এক লোকপূজ্য দেৱতা ৰ আসন লাভ কৰে আৰু তেখেতৰ বহু মূৰ্তি নিৰ্মিত হ’বলৈ আৰম্ভ কৰে। ৰূপ ভাৰতীয় শিল্পকলাত প্ৰথমৰ পৰাই গণেশ গজানন, একদন্ত আৰু লম্বোদৰৰূপে চিহ্নিত। গণেশৰ ধ্যান, প্ৰাৰ্থনা আৰু প্ৰণাম মন্ত্ৰতো তেখেতৰ এই ৰূপৰেই আদৰ বেছি। যেনে “খৰ্বং স্থূলতনুং গজেন্দ্ৰবদনং লম্বোদৰং সুন্দৰং প্ৰস্যন্দন্মদ্গন্ধলুব্ধমধুপব্যালোলগণ্ডস্থলম্। দন্তাঘাতবিদাৰিতাৰিৰুধিৰৈঃ সিন্দূৰশোভাকৰং বন্দে শৈলসূতাসুতং গণপতিং সিদ্ধিপ্ৰদং কামদম্॥” (গণেশধ্যানম্) অৰ্থাৎ, “যিনি খৰ্বাকৃতি, স্থূলশৰীৰ, লম্বোদৰ, গজেন্দ্ৰবদন অথচ সুন্দৰ; বদন হইতে নিঃসৃত মদগন্ধে প্ৰলুব্ধ ভ্ৰমৰসমূহেৰ দ্বাৰা যাঁহাৰ গণ্ডস্থল ব্যাকুলিত; যিনি দন্তাঘাতে শত্ৰুৰ দেহ বিদাৰিত কৰিয়া তাহাৰ দন্ত দ্বাৰা নিজ দেহে সিন্দূৰেৰ শোভা ধাৰণ কৰিয়াছেন; সেই পাৰ্বতীপুত্ৰ সিদ্ধিদাতা ও কামদাতা গণপতিকে বন্দনা কৰি। গণেশৰ প্ৰণামমন্ত্ৰতো দেখা যায় একদন্তং মহাকায়ং লম্বোদৰং গজাননং। বিঘ্ননাশকৰং দেবং হেৰম্বং প্ৰণমাম্যহম্॥ (গণেশপ্ৰণামঃ) অৰ্থাৎ, “যিনি একদন্ত, মহাকায়, লম্বোদৰ, গজানন আৰু বিঘ্ননাশকাৰী সেই হেৰম্বদেবকে আমি প্ৰণাম কৰি। গণেশেৰ প্ৰাৰ্থনা মন্ত্ৰটি ততোধিক সুলিখিত দেবেন্দ্ৰমৌলিমন্দাৰমকৰন্দকণাৰুণাঃ। বিঘ্নং হৰন্তু হেৰম্বচৰণাম্বুজৰেণবঃ॥ (গণেশপ্ৰাৰ্থনা) অৰ্থাৎ, “দেবৰাজ ইন্দ্ৰেৰ মস্তকে বিমান্তিত মন্দাৰপুষ্পেৰ পৰাগসমূহেৰ দ্বাৰা ৰক্তিম হেৰম্বেৰ পাদপদ্মেৰ ৰেণুসমূহ আমাৰ বিঘ্নহৰণ কৰুক। গণেশৰ প্ৰথমৰ ফালৰ মূৰ্তিসমূহত দেখা যায়, গণেশে তেখেতৰ ভঙা দাঁতটি স্বহস্তে ধৰি আছে। গণেশ লম্বোদৰ গুপ্তযুগৰ পৰাই। ব্ৰহ্মাণ্ড পুৰাণ মতে, তেখেতৰ উদৰত সমগ্ৰ জগৎসংসাৰৰ অৱস্থান বুলিয়েই তেওঁ লম্বোদৰ। গণেশৰ হস্তসংখ্যা আৰু অস্ত্ৰক লৈ নানা মতবিৰোধ দেখা যায়। সচৰাচৰ গণেশৰ চতুৰ্ভূজ মূৰ্তি অধিক পূজিত হ’লেও স্থানবিশেষে দ্বিভূজৰ পৰা ষড়ভূজ গণেশো দেখা যায়। গণেশৰ হাতত সাধাৰণভাবে পাশ-অঙ্কুশ, বৰাভয় আৰু মোদকেই দেখা যায়। তথাপি বাঙালীলোকসকলে বিশ্বাস কৰে যে গণেশ বিষ্ণুৰ দৰে শঙ্খচক্ৰগদাপদ্মধাৰী। এই প্ৰসঙ্গত ব্ৰহ্মবৈবৰ্ত পুৰাণ-ত বৰ্ণিত পাৰ্বতীৰ কৃষ্ণৰূপী পুত্ৰলাভৰ উপাখ্যানটি স্মৰ্তব্য। গণেশৰ বাহন মূষিক বা এন্দুৰ। এন্দুৰ ধৰ্মৰ অৱতাৰ; মহাবল আৰু পূজাসিদ্ধিৰ অনুকূল। অন্যমতে, সংস্কৃতত মূষিক শব্দটো ‘মুশ’ ধাতুৰ পৰা উৎপন্ন, যাৰ অৰ্থ চুৰি কৰা। ধৰা হয়, গণেশৰ পদতলত এন্দুৰ, গণেশৰ দ্বাৰা বিঘ্নবিজয়ৰ প্ৰতীকমাত্ৰ। বৃহদ্ধৰ্ম পুৰাণ আৰু ব্ৰহ্মবৈবৰ্ত পুৰাণ অনুসৰি পৃথিৱীয়ে গণেশক মূষিক বাহন দিছিল। ৰূপভেদ ভাৰত আৰু ভাৰতৰ বাহিৰত প্ৰাপ্ত বিভিন্ন প্ৰত্নতাত্ত্বিক নিদৰ্শন আৰু বিভিন্ন শাস্ত্ৰত গণেশৰ এই সাধাৰণ ৰূপৰ বহু ৰূপভেদো পৰিলক্ষিত হয়। এই সকলো ৰূপভেদসকলৰ মূৰ্তি অনুসৰি ধ্যান আৰু পূজাবিধি ভিন্ন ভিন্ন। যেনে, গুপ্তযুগত প্ৰাপ্ত বহুকেইটা গণেশমূৰ্তি অষ্টভূজৰ পৰা দশভূজধাৰী। আকৌ তন্ত্ৰগ্ৰন্থ তন্ত্ৰসাৰত, কাশ্মীৰত, নেপালত আৰু আফগানিস্তানত কোনো কোনো ক্ষেত্ৰত গণেশৰ বাহন সিংহ। ইফালে প্ৰসন্ন গণেশ সাধাৰণ ৰূপেৰেই বিৰাজমান। কিন্তু প্ৰাণতোষিনী তন্ত্ৰ-ত উল্লিখিত চৌৰগণেশে সাধনাৰ ফল চুৰ কৰি বিঘ্নগণেশৰ বিঘ্ন ঘটায়। লক্ষ্মীগণেশ ে লক্ষ্মীক আলিঙ্গন কৰি থাকে। মহাগণপতি মহাগণপতি গণেশৰ এটা তান্ত্ৰিক ৰূপ। এওঁৰ লগত শক্তি বিৰাজমান আৰু পৰস্পৰে পৰস্পৰৰ উপস্থ স্পৰ্শ কৰি আছে। এই মূৰ্তি শক্তিগণপতি বা বিৰিগণপতিৰ দৰে আদিৰসাশ্ৰিত। হেৰম্ব-গণপতি হেৰম্ব-গণপতি তন্ত্ৰসাৰ-ত উল্লিখিত। তেওঁ পঞ্চানন। মাজৰ মাথাটি আকাশৰ ফালে ঊৰ্ধ্বমুখ। হাতত বৰ, অভয় মোদক, নিজদন্ত, টাঙ্গি, মুণ্ডমালা, মুদগৰ, অঙ্কুশ আৰু ত্ৰিশূল। হেৰম্ব শব্দৰ অৰ্থ দীন পালক। বাহন সিংহ। যদিও নেপালত হেৰম্ব-গণপতিৰ বাহন এন্দুৰেই। নৃত্যগণেশ নৃত্যগণেশ আঠখন হাতেৰে নৃত্যৰত। তেখেতৰ হাতত অস্ত্ৰ নাই। তেওঁ নাচৰ মুদ্ৰা দেখুৱাইছে। বিনায়ক গণেশ বিনায়ক গণেশৰ উল্লেখ আছে অগ্নিপুৰাণ গ্ৰন্থত। এই গণেশৰ পাঁচটি বিশিষ্ট ৰূপ চিন্তামণি বিনায়ক, কপৰ্দী বিনায়ক, আশা বিনায়ক, গজবিনায়ক আৰু সিদ্ধিবিনায়ক। যদিও যাজ্ঞবল্ক্য স্মৃতি অনুসৰি বিনায়ক এজনেই, আৰু তেওঁ অম্বিকাপুত্ৰ। বৌদ্ধ গণেশ বৌদ্ধ গণেশৰ উল্লেখ পোৱা যায় বৌদ্ধ সাধনমালা-ত। তেওঁ দ্বাদশভূজ। তেখেতৰ এখন হাতত ৰক্তপূৰ্ণ কপাল, আন হাতত শুষ্ক মাংসপূৰ্ণ কপাল। খ্ৰীষ্টপূৰ্ব প্ৰথমৰ পৰা খ্ৰীষ্টিয় প্ৰথম শতিকাৰ মাজত নিৰ্মিত শ্ৰীলঙ্কাৰ মিহিনটালত প্ৰাপ্ত শিলাফলকত গুড়ি মৰা গজমুণ্ড আৰু ৰদবিশিষ্ট মূৰ্তিটোকে গণেশৰ প্ৰাচীনতম শিল্পৰূপ বুলি মানি লোৱা হয়। উত্তৰ প্ৰদেশৰ ফৰুখবাদ জিলাত প্ৰাপ্ত আনুমানিক চতুৰ্থ খ্ৰীষ্টাব্দত নিৰ্মিত দ্বিভূজধাৰী এটা গণেশ শিলামূৰ্তিত দেখা যায় দেৱতাৰ বাওঁ হাতত মোদকভাণ্ড আৰু তেওঁ শুঁৰেৰে মোদক ভক্ষণ কৰিছে। খ্ৰীষ্টিয় পঞ্চম শতিকাত নিৰ্মিত মধ্যপ্ৰদেশৰ উদয়গিৰি গুহাত, ভূমাৰা আৰু উত্তৰপ্ৰদেশৰ ভিতৰগাঁও মন্দিৰত প্ৰাপ্ত পোৰামাটিৰ ফলকত মোদকভক্ষণৰত অৱস্থাত গণেশ মূৰ্তি দেখা যায়। ইয়াৰ মাজত উদয়গিৰিৰ মূৰ্তিটো উৰ্ধ্বলিঙ্গ বুলি ধৰা হয়। এই মূৰ্তিসমূহ তিনিপ্ৰকাৰৰ উপবিষ্ট, নৃত্যৰত আৰু দণ্ডায়মান। ইয়াৰ মাজত উপবিষ্ট মূৰ্তিৰ সংখ্যাই সৰ্বাধিক। নৃত্যৰত মূৰ্তিত দেখা যায় গণেশে বাহনৰ ওপৰত নাচিছে। ইয়াত তেওঁ গজমুণ্ড, ত্ৰিনয়ন, খৰ্বাকাৰ, লম্বোদৰ, চতুৰ্ভূজ বা ষড়ভূজ বা অষ্টভূজ বা দশভূজধাৰী। দ্বিভূজ মূৰ্তি সংখ্যাত কম। বৌদ্ধ আৰু জৈনসকলেও গণেশৰ এই মূৰ্তি পূজা কৰিছিল বুলি জনা যায়। প্ৰথমৰ ফালৰ গণেশ মূৰ্তিসমূহ দ্বিভূজধাৰী আৰু উপবিষ্ট। হাতত কুঠাৰ আৰু মোদক। দেৱতা গজানন, একদন্ত অৰু লম্বোদৰ। বহুকেইটা মূৰ্তিত চতুৰ্ভূজ গণেশো দেখা যায়। বৃহৎসংহিতা গ্ৰন্থ অনুসৰি, গণেশ দ্বিভূজধাৰী আৰু ইয়াতো তেখেতৰ হাতত মূলক। এই মূলক হাতীৰ খাদ্য বুলি উল্লেখ কৰা হৈছে। অমৰকোষ গ্ৰন্থত গণেশ একদন্ত। অংশুমৎভেদাগম, কালিকাগম আৰু বিষ্ণুধৰ্মোত্তৰ প্ৰভৃতি গ্ৰন্থত গণেশ চতুৰ্ভূজধাঈ আৰু তেখেতৰ হাতত নিজ দন্ত, কপিত্থ মোদক, পাশ-অঙ্কুশ, নাগ, অক্ষসূত্ৰ, পদ্ম ইত্যাদি দেখা যায়। এই সকলো গ্ৰন্থৰ উত্তৰকালৰ সংস্কৰণসমূহত দেখা যায় গণেশৰ বাহন মূষিক আৰু স্ত্ৰী ভাৰতী (সৰস্বতী), শ্ৰী (লক্ষ্মী), বিঘ্নেশ্বৰী, বুদ্ধি আৰু কুবুদ্ধি। ইয়াৰ বাদেও এই গ্ৰন্থসমূহত গণেশৰ অন্যান্য কিছু বৈশিষ্ট্যও পৰিলক্ষিত হয়। যেনে তেওঁ ত্ৰিনয়ন, ব্যাঘ্ৰচৰ্মপৰিহিত আৰু নাগযজ্ঞোপবীতধাৰী। তেখেতৰ মূৰ্তি আভঙ্গ বা সমভঙ্গ। বিগ্ৰহ ৰূপতো গণেশৰ নানা মূৰ্তি প্ৰচলিত আছিল। এই সকলো মূৰ্তি সহগ্ৰন্থ গুপ্তোত্তৰ যুগত নিৰ্মিত নহ’ল। গুপ্তযুগৰ প্ৰথমৰ ফালে মথুৰাত প্ৰাপ্ত বেলেমাটিৰ গণপতি আৰু ভিতৰগাঁও-ৰ ইষ্টকনিৰ্মিত মন্দিৰত প্ৰাপ্ত পোৰামাটিৰ গণপতিৰ মূৰ্তিটিয়ে গণেশ মূৰ্তিৰ বিবৰ্তনৰ গুৰুত্বপূৰ্ণ সাক্ষ্যবহন কৰিছে। উল্লেখ্যোগ্য যে মথুৰাত গণেশমূৰ্তিত এন্দুৰৰ উপস্থিতি দেখা নাযায় আৰু ভিতৰগাঁৱতো ঠিক দেৱতা ৰ আকাৰত গণেশ চিত্ৰিত হোৱা নাই, তাত তেওঁ উড্ডীয়মান। খ্ৰীষ্টিয় ষষ্ঠ শতিকাৰ ভূমাৰা শিবমন্দিৰত প্ৰাপ্ত গণেশ মূৰ্তিটোৱে গণেশ-বিবৰ্তনৰ শেষ নিদৰ্শন। প্ৰথম যুগৰ মূৰ্তিসমূহ নগ্ন আৰু দণ্ডায়মান। এইবোৰক দেখি দেৱতা যেন নালাগে। ইয়াৰ বাদেও গুপ্তযুগৰ প্ৰথম ভাগত ভিলসা উদয়গিৰিৰ চন্দ্ৰগুপ্ত গুহাত গণেশৰ যি এক উৎকীৰ্ণ চিত্ৰ পোৱা যায়, সেইটোও কম গুৰুত্বপূৰ্ণ নহয়। এই মূৰ্তি অনুসৰি গণেশ পৰ্যঙ্ক আসনত উপবিষ্ট, বাওঁ হাতত তেখেতৰ মোদকভাণ্ড আৰু এন্দুৰ অনুপস্থিত। উপবিষ্ট গণেশ মূৰ্তি প্ৰথম আৰু শেষ গুপ্তযুগত সমগ্ৰ ভাৰততে বিয়পি পৰে। আন এক ধৰণৰ গণেশ মূৰ্তিৰ সন্ধান পোৱা যায় ওড়িশাত। তেওঁ নৃত্যগণেশ, অষ্টভূজধাৰী, সন্মুখৰ সোঁহাতত গজহস্ত, নৃত্যৰ আবৰ্ত দেহত সুস্পষ্ট ফুটি উঠিছে। পৰৱৰ্তীকালত তান্ত্ৰিকতা আৰু শক্তিপূজাৰ লগত গণেশৰ ধাৰণা বিশেষ ভাবে জড়িত হৈ পৰে। বিভিন্ন তান্ত্ৰিকে গণেশ মূৰ্তিত শক্তিৰ উপস্থিতি লক্ষ্য কৰে। যেনে শক্তিগণেশ, লক্ষ্মীগণেশ (লক্ষ্মীগণেশৰ লক্ষ্মী ঐশ্বৰ্যৰ দেৱী নহয়), উচ্ছিষ্টগণেশ ইত্যাদি। দাক্ষিণাত্যত উচ্ছিষ্টগণেশৰ বহুকেইটা মূৰ্তি পোৱা গৈছে। এইবোৰ বামাচাৰত পূজিত। জব্বলপুৰৰ কাষত গজমুণ্ডবিশিষ্ট এটা দেৱীমূৰ্তিও পোৱা গৈছে। সম্ভবত: এওঁ তন্ত্ৰোল্লিখিত গণেশ-পত্নী গণেশানী। বহিৰ্ভাৰতত গণেশ ভাৰতৰ বাহিৰেও বিভিন্ন দেশত গণেশেৰ মূৰ্তি পোৱা যায়। আনামত প্ৰাপ্ত মূৰ্তি দ্বিভূজধাৰী আৰু মোদকভক্ষণৰত। হাতত মোদকভাণ্ডৰ উপৰিও কুঠাৰ, অক্ষমালা, মূলদন্তক, অঙ্কুশ, পাশ, দণ্ড, শূল, সৰ্প, ধনু আৰু শৰো দেখা যায়। জাভা দ্বীপৰ বাড়া নামৰ স্থানত আবিষ্কৃত খ্ৰীষ্টিয় একাদশ শতিকাত নিৰ্মিত এটা মূৰ্তি নৰকপালযুক্ত আসনত উপবিষ্ট আৰু মাথাৰ জঁটাত নৰকপালধাৰী। জাভাত গণেশ চতুৰ্ভুজধাৰী। এই মূৰ্তিত তন্ত্ৰৰ প্ৰভাৱ সুস্পষ্ট। ইন্দোনেছিয়া অঞ্চলৰ অন্যতো গণেশৰ উপবিষ্ট মূৰ্তি পোৱা গৈছে। তথাপি খিচিঙত আবিষ্কৃত মূৰ্তিটোৱেই সবাতোকৈ সুন্দৰ। মধ্যযুগৰ প্ৰথমফালে নিৰ্মিত এই মূৰ্তিটো চতুৰ্ভূজধাৰী, আভঙ্গ দেহ, কটাক্ষত চতুৰ চাৱনি, নাগযজ্ঞোপবীতধাৰী, বাহন এন্দুৰ। চাৰিহাতৰ তিনিহাততে অক্ষসূত্ৰ, বিষাণ, মোদকভাণ্ড বিৰাজমান; চতুৰ্থ হাত অস্পষ্ট। পূজা আৰু উৎসৱ হিন্দুসকলৰ সমস্ত ধৰ্মীয় আৰু বিভিন্ন সাৰস্বত অনুষ্ঠানত গণেশ পূজিত হয়। ইয়াৰ বাদেও ব্যৱসায় আৰম্ভৰ সময়ত গণেশপূজা আৱশ্যকীয় কৰ্তব্য বুলি বিবেচিত হয়। হিন্দুসকলে বিশ্বাস কৰে, সকলো কাৰ্যৰ পূৰ্বে গণেশ স্মৰণ বা পূজন শুভকৰ আৰু মঙ্গলজনক আৰু তাক কৰিলে কাৰ্য সিদ্ধি অবশ্যম্ভাবী। খ্ৰীষ্টিয় পঞ্চম শতিকাত গণেশৰ একক পূজা প্ৰচলিত হোৱাৰ দুই-এক শতিকাৰ পাছত গাণপত্য নামৰ এক গণেশপূজক সম্প্ৰদায়ৰ উদ্ভব হয়। ক্ৰমশ: এই সম্প্ৰদায় ছটা শাখাত বিভক্ত হৈ পৰে মহাগাণপত্য, হৰিদ্ৰাগাণপত্য, উচ্ছিষ্টগাণপত্য, নবনীতগাণপত্য, স্বৰ্ণগাণপত্য আৰু সন্তানগাণপত্য। বৰ্তমানে গাণপত্য সম্প্ৰদায় অবলুপ্ত আৰু গণেশ এক সম্প্ৰদায়বিহীন বা নহয়-সেক্টেৰিয়ান হিন্দু দেৱতা। মাৰ্গসঙ্গীত আৰু শাস্ত্ৰীয় নৃত্য বিশেষত: ভৰতনাট্যমৰ সূচনাত গণেশ বন্দনাৰ প্ৰথা প্ৰচলিত আছে। ‘ওঁ শ্ৰী গণেশায় নমঃ’ বা ‘ওঁ গাং গণেশায় নমঃ’ গণেশৰ সৰ্বাধিক প্ৰসিদ্ধ দুটি মন্ত্ৰ। গণেশ পূজাৰ সময়ত ভক্তগণ মোদক অৰ্থাৎ লাড্ডু, ৰক্তবৰ্ণৰ পুষ্প, ৰক্তচন্দন আৰু দূবৰি নিবেদন কৰা হয়। বাংলাত গণেশ পূজা বাংলাত গণেশ এক অত্যন্ত জনপ্ৰিয় দেৱতা। এওঁ ঘৰে ঘৰে পূজিত হয়। তথাপি কেৱলমাত্ৰ গণেশৰ নামত উৎসৰ্গিত কোনো উৎসৱ বাংলাত পালিত নহয়। এই অঞ্চলত গণেশৰ সবাতোকৈ ডাঙৰ উৎসৱ প্ৰথম বহাগৰ তাৰিখে বাংলা নববৰ্ষৰ দিন পালিত হয়। প্ৰত্যেক বাঙালীয়ে ব্যৱসায়িক প্ৰতিষ্ঠানত এইদিনটোত গণেশ পূজিত হয়। কলকাতাৰ কালীঘাট আৰু দক্ষিণেশ্বৰ মন্দিৰত গণেশ আৰু লক্ষ্মীৰ প্ৰতিমা আৰু হালখাতা লৈ অনেকে এই দিনটোত ৰাতিপুৱা পূজা প্ৰদান কৰিবলৈ যায়। পূজা হয় গঙ্গাতীৰত আৰু পশ্চিমবঙ্গৰ অন্যান্য মন্দিৰতো। দুৰ্গাপূজাৰ সময়ত গণেশ বিশেষভাবে পূজিত হয়। দুৰ্গামূৰ্তিৰ সোঁফাল অথবা কোনো কোনো ক্ষেত্ৰত বাওঁফালে গণেশৰ মূৰ্তি নিৰ্মাণ কৰি পূজা কৰা হয়। ইয়াৰ বাদেও ভাদ্ৰ আৰু মাঘ মাহৰ শুক্লাচতুৰ্থী তিথিতো ঘৰোৱা গণেশ পূজা বাংলাত প্ৰচলিত। কোনো কোনো প্ৰতিষ্ঠানে এই সময়ত সৰ্বজনীন গণেশ পূজাৰো আয়োজন কৰেন। ইয়াৰ বাদেও কোনোৱে কোনোৱে কালীপূজাৰ দিনা লক্ষ্মী আৰু গণেশৰ পূজা কৰে। মহাৰাষ্ট্ৰত গণেশ মহোৎসৱ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যত অনুষ্ঠিত গণেশ চতুৰ্থী গণেশৰ নামত উৎসৰ্গিত বৃহত্তম উৎসৱ। প্ৰতিবছৰে আগষ্ট মাহৰ শেষত বা ছেপ্টেম্বৰৰ আৰম্ভণিতে হিন্দু পঞ্জিকা অনুসৰি ভাদ্ৰমাহৰ শুক্লাচতুৰ্থী তিথিত এই পূজা অনুষ্ঠিত হয়। দহদিন ধৰি মহাৰাষ্ট্ৰত এই উৎসৱ চলে। তাৰপাছত অনন্ত চতুৰ্দশীৰ দিনা প্ৰতিমা নিৰঞ্জনৰ মাধ্যমত উৎসৱৰ পৰিসমাপ্তি ঘটে। মহাৰাষ্ট্ৰত এই উৎসৱ পূৰ্বতে আছিল পাৰিবাৰিক গণ্ডীত সীমাবদ্ধ এক ক্ষুদ্ৰ পৰ্বমাত্ৰ। ১৮৯৩ চনত লোকমান্য বাল গঙ্গাধৰ তিলকে এই উৎসৱক মহাৰাষ্ট্ৰৰ এক জাতীয় উৎসৱত পৰিণত কৰে। তেখেতৰ উদ্দেশ্য আছিল হিন্দুধৰ্মৰ জাতিভেসকলৰ সংকীৰ্ণতা দূৰ কৰি ব্ৰিটিছ বিৰোধী জাতীয় আন্দোলনক সুসংবদ্ধ আৰু সংগঠিত কৰা। তিলকেই প্ৰথম বাৰোয়াৰী মণ্ডপত গণেশ প্ৰতিমা স্থাপন কৰে আৰু দহদিনৰ পাছত গণেশ বিসৰ্জনৰ প্ৰথাৰ সূচনা কৰে। আজিও মহাৰাষ্ট্ৰ আৰু সন্নিহিত অঞ্চলৰ লোকসকলে পৰম শ্ৰদ্ধাৰে এই উৎসৱ পালন কৰে। মুম্বাই মহানগৰীত এই উৎসৱ সৰ্বাধিক জাকজমকেৰে পালিত হয়। শাস্ত্ৰ ব্ৰাহ্মণ্য হিন্দুধৰ্মৰ প্ৰধান পাঁচজন দেৱতা ৰ এজন ৰূপে স্বীকৃতি পোৱাৰ পাছত কিছু ব্ৰাহ্মণে গণেশকেই তেওঁলোকৰ প্ৰধান দেৱতা ৰূপে পূজা কৰাৰ সিদ্ধান্ত লয়। এইভাবে গঠিত হ’ল গাণপত্য সম্প্ৰদায় আৰু তাৰ লগে লগেই গণপতিকে কেন্দ্ৰ কৰি ৰচিত হ’ল দুটি উপপুৰাণ গণেশ পুৰাণ আৰু মুদ্গল পুৰাণ। গণেশ পুৰাণ আৰু মুদ্গল পুৰাণ গ্ৰন্থদুখনৰ ৰচনাকাল প্ৰসঙ্গত মতভেদ আছে। সাধাৰণভাবে এই দুই পুৰাণৰ ৰচনাকাল ১১০০ খ্ৰীষ্টাব্দৰ পৰা ১৪০০ খ্ৰীষ্টাব্দৰ মধ্যবৰ্তী কোনো সময় বুলি ধৰা হয়। সাধাৰণভাবে গণেশ পুৰাণ-ক পূৰ্ববৰ্তী বুলি ধৰা হ’লেও কোনো কোনো গৱেষকে এইখনক মুদ্গল পুৰাণ-ৰ পৰৱৰ্তী বুলি ধৰে। আন এক লোকমান্য শাস্ত্ৰগ্ৰন্থ গণপতি অথৰ্বশীৰ্ষ খ্ৰীষ্টিয় ষোড়শৰ পৰা সপ্তদশ শতিকাৰ মধ্যৱৰ্তী কোনো সময়ত ৰচিত হৈছিল। গণেশ পুৰাণ গণেশ পুৰাণ গণেশৰ কাহিনী আৰু পূজাপদ্ধতি সংক্ৰান্তত সৰ্বাধিক গুৰুত্বপূৰ্ণ উপপুৰাণদুটিৰ মাজৰ এটা। এই পুৰাণ দুটা খণ্ডত বিভক্ত উপাসনাখণ্ড আৰু ক্ৰীড়াখণ্ড বা উত্তৰখণ্ড। উপাসনাখণ্ডৰ অধ্যায়সংখ্যা ৯২; ক্ৰীড়াখণ্ডৰ ১৫৫। উপাসনাখণ্ডৰ ৩৬ অধ্যায়ৰ এটা স্তোত্ৰৰ অৱলম্বনত প্ৰসিদ্ধ গণেশ সহস্ৰনাম স্তোত্ৰটি ৰচিত হৈছিল। আজিও দেশৰ বিভিন্ন গণেশ মন্দিৰত এই স্তোত্ৰটি পঠিত হৈ থাকে। অন্যহাতে ক্ৰীড়াখণ্ডৰ ১৩৮-৪৮ অধ্যায়সমূহ গণেশ গীতা নামে পৰিচিত। ৰজা বৰেণ্য আৰু গণেশাৱতাৰ গজাননৰ মাজত সংলাপৰ আকাৰত ৰচিত এই গণেশ গীতা ভগবদ্গীতাৰ ধাৰা অনুসৰণকাৰী। কৃষ্ণৰ সলনি গণেশক ইয়াত ভগবৎতত্ত্ব ব্যাখ্যা কৰা দেখা যায়। ক্ৰীড়াখণ্ডত গণেশৰ চাৰি অৱতাৰৰো বৰ্ণনা আছে। মুদ্গল পুৰাণ গণেশৰ কাহিনী সংক্ৰান্ত দুটি প্ৰধান উপপুৰাণৰ এখন। এই পুৰাণত গণেশৰ আঠোটা অৱতাৰৰ বৰ্ণনা আছে। গণপতি অথৰ্বশীৰ্ষ গণেশ অথৰ্বশীৰ্ষ বা গণেশ অথৰ্বশীৰ্ষোপনিষদ এখন গণেশ সংক্ৰান্ত শাস্ত্ৰ আৰু অপ্ৰধান উপনিষদ। ইয়াৰ আন নাম গণপতি উপনিষদ। মহাৰাষ্ট্ৰত এই গ্ৰন্থ অত্যন্ত জনপ্ৰিয়। ৰঞ্জনগাঁও-ৰ অষ্টবিনায়ক মন্দিৰৰ প্ৰবেশ তোৰণৰ ওপৰত এই উপনিষসকলৰ সমগ্ৰ অংশই খোদিত। গাণপত্য সম্প্ৰদায়ৰ ধৰ্মীয় ছত্ৰছায়াত ৰচিত এই গ্ৰন্থত গণেশক সকলো দেৱতা ৰ ওপৰত স্থান দিয়া হৈছে আৰু তেওঁক আন আন দেবদেৱী আৰু ওঁ-কাৰৰ লগত একত্ৰীভূত কআ দেখা গৈছে। এই গ্ৰন্থ কিছুদূৰ তন্ত্ৰ দ্বাৰাও প্ৰভাৱিত। সেই কাৰণে মূলাধাৰ চক্ৰৰ লগতো গণেশৰ একাত্মতা ইয়াত পৰিলক্ষিত হয়। অন্যহাতে গণপতিৰ বীজমন্ত্ৰ ‘গং’ এই গ্ৰন্থতেই উল্লিখিত। মন্দিৰ হিন্দু মন্দিৰত গণেশৰ উপস্থিতি দুইভাবে থাকে প্ৰথমতে ‘পৰিয়ালৰ-দেৱতা ’ৰ ‘পাৰ্শ্বদেৱতা ৰূপে; অথবা মন্দিৰৰ প্ৰধান দেৱতা ৰূপে। পুৰাণত কথিত পাৰ্বতীৰ দ্বাৰৰক্ষক গণেশৰ স্মৰণত, পূজাসিদ্ধিৰ দেৱতা ৰূপে মন্দিৰদ্বাৰৰ ওপৰত তেখেতৰ মূৰ্তিও খোদিত হৈ থাকে। ইয়াৰ বাদেও কেৱলমাত্ৰ গণেশৰ বাবেও অনেক মন্দিৰ নিৰ্মিত হৈছে। এইবোৰৰ মাজত মহাৰাষ্ট্ৰৰ অষ্টবিনায়ক মন্দিৰ বিশেষভাবে উল্লেখনীয়। পুণে চহৰৰ ১০০ কিলোমিটাৰৰ মাজত এই আঠোটি মন্দিৰৰ এটা ‘মণ্ডল’ গণপতিৰ পবিত্ৰ জগতৰ প্ৰতীক। ইয়াৰ বাদেও উত্তৰ ভাৰতৰ যি বহুকেইটা অঞ্চলত উল্লেখযোগ্য গণেশ মন্দিৰ আছে সেইবোৰ হ’লঃ মহাৰাষ্ট্ৰ ৰাজ্যৰ ওয়াই; মধ্যপ্ৰদেশ ৰাজ্যৰ উজ্জয়িনী; ৰাজস্থান ৰাজ্যৰ যোধপুৰ, নাগপুৰ আৰু ৰায়পুৰ; বিহাৰ ৰাজ্যৰ বৈদ্যনাথ; গুজৰাট ৰাজ্যৰ বৰোদা, ধোলাকা আৰু ভালসাদ; উত্তৰ প্ৰদেশ ৰাজ্যৰ বাৰাণসী চহৰৰ ধূণ্ডিৰাজ মন্দিৰ। দক্ষিণ ভাৰতৰ গণেশ মন্দিৰসমূহ হ’লঃ তামিল নাড়ু ৰাজ্যৰ তিৰুচিৰাপল্লীত জম্বুকেশ্বৰ মন্দিৰ, সেই ৰাজ্যৰ ৰামেশ্বৰম আৰু সুচিন্দ্ৰমৰ মন্দিৰ; কৰ্ণাটক ৰাজ্যৰ হাম্পি, কাসাৰগোড় আৰু ইডাগুঞ্জি আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ ভদ্ৰাচলমৰ মন্দিৰ। পশ্চিমবংগ বা বাংলাদেশত কোনো উল্লেখযোগ্য গণেশ মন্দিৰ নাই। তথাপি ভাৰতৰ বাহিৰত নেপাল আৰু দক্ষিণপূব এছিয়াৰ নানান দেশত গণেশ মন্দিৰ দেখা পোৱা যায়। বাংলা সাহিত্যত গণেশ মধ্যযুগীয় আৰু আধুনিক কালৰ বাংলা সাহিত্যত গণেশৰ উপস্থিতি অনেকাংশই উজ্জ্বল। মধ্যযুগীয় সাহিত্যত গণেশ বিঘ্ননাশক দেৱতা আৰু সেই সূত্ৰে কাব্যৰ প্ৰাৰম্ভতে তেখেতৰ বন্দনা আৱশ্যকীয় কৰ্তব্য। ইয়াৰ বাদেও কৃত্তিবাস ওঝাই তেখেতৰ ৰামায়ণ পদ্যানুবাদত গণেশৰ জন্মকাহিনীটো অন্তৰ্গত কৰিছিল। অন্যহাতে আধুনিক সাহিত্যত গণেশৰ সেই দেবভূমিকা অনেকদূৰ খৰ্ব কৰা হৈছে। আজিও বিভিন্ন পূজাবাৰ্ষিকীত ব্যঙ্গকৌতুকমূলক ৰচনাত গণেশৰ উপস্থিতি উজ্জ্বল। কৃত্তিবাসী ৰামায়ণত গণেশ বাল্মীকি ৰচিত মূল ৰামায়ণত গণেশৰ জন্মোপাখ্যানৰ সলনি স্থান পাইছিল কাৰ্তিকৰ জন্মকথাই। কৃত্তিবাসে সেই কাহিনী পৰিহাৰ কৰি ব্ৰহ্মবৈবৰ্ত পুৰাণ আৰু বৃহদ্ধৰ্ম পুৰাণে-ত উল্লিখিত কাহিনীৰ মিহলি কৰি গণেশৰ জন্মবিষয়ক এটা উপাখ্যান তেখেতৰ ৰামায়ণত অন্তৰ্ভুক্ত কৰে। কাহিনীটো এইধৰণৰ ৰজা দশৰথে শনিৰ ভৱনলৈ গমন কৰাত শনি আপ্লুত হ’লে। কিন্তু তেওঁ ৰজাৰ ফালে দৃষ্টিপাত নকৰাকেই বাক্যালাপ কৰিবলৈ আৰম্ভ কৰিলে। দশৰথে ইয়াৰ কাৰণ জানিবলৈ বিচৰাত শনি ক’লে: কোপদৃষ্টে সুদৃষ্টে যাহা পানে চাই। দেব দৈত্য নাগ নৰ হৈয়া যায় ছাই॥ পূৰ্ব্ব কথা কহি ৰাজা তাহে দেহ মন। যেমতে শিৱৰ পুত্ৰ হৈল গজানন॥ গৌৰীৰ সন্তান হোৱাত সকলো দেৱগণেই তেওঁক চাবলৈ গ’ল। কিন্তু শনি নগ’ল। ইয়াতে গৌৰীয়ে দূত পঠিয়াই তেওঁক মাতি পঠালে। গৌৰীৰ ইচ্ছাত শনিয়ে শুভদৃষ্টিৰেই নবজাতকৰ ফালে দৃষ্টিপাত কৰিলে। কিন্তু সেই শিশুৰ মুণ্ড তাতেই ছাই হৈ গ’ল। গৌৰী ব্যথিত হ’লে। জানিব খুজিলে, কোনে মোৰ পুত্ৰৰ মূৰ নিলে? তেতিয়া দেবগণে তেওঁক শনিৰ কুদৃষ্টিৰ কথা বুজাই ক’লে। তাতে ক্ৰুদ্ধ হৈ দেৱীয়ে শূল হস্তে শনিক বধ কৰিবলৈ উদ্যত হ’ল। দেবগণে অনেক স্তুতি কৰি শান্ত কৰিলে তেওঁক। গৌৰীৰ বৰতেই শনিয়ে যাৰ ফালে চাই তাৰ মুণ্ডহানি হয়। গতিকে বিনা কাৰণত শনিক বধ কৰাৰ যৌক্তিকতা ক’ত! দেবগণে গৌৰীক প্ৰতিশ্ৰুতি দিলে যে তেখেতৰ পুত্ৰক তেখেতসকলে জীবিত কৰি দিব। ব্ৰহ্মাই তেতিয়া পবনদেবক আদেশ কৰে উত্তৰ দিশে মূৰ কৰি শুই থকা কাৰোবাক দেখা পালে তাৰ মূৰটো কাটি আনিবলৈ। গঙ্গাজল পান কৰি ইন্দ্ৰৰ ঐৰাবতে উত্তৰদিশে মূৰ কৰি শুই আছিল। তাৰেই মূৰটো কাটি আনিলে পবনে। গৌৰীপুত্ৰ গজানন হ’ল। এইখিনিতে গৌৰী কিছু দুঃখিত হ’ল। ক’লে, সকলো দেৱতা ৰ পুত্ৰ সুদৰ্শন। সেইবিলাকৰ মাজত গজাননৰ স্থান ক’ত হ’ব! ব্ৰহ্মাই তেতিয়া গণেশক বৰ দিয়ে যে তেওঁ সকলো দেৱতা ৰ আগেয়ে পূজাধিকাৰ পাব। তেওঁক বাদ দি অন্য দেৱতা ৰ পূজা কৰিলে পূজা বা কাৰ্য কোনোটোৰেই সিদ্ধি নহ’ব। অন্যহাতে ঐৰাৱতৰ অবিহনে ইন্দ্ৰই কান্দিবলৈ আৰম্ভ কৰাত ব্ৰহ্মাই পবনক পুনৰায় আদেশ কৰে যে পশ্চিম দিশে মূৰ কৰি শুই থকা কাৰোবাৰ মাথা কাটি আনি ঐৰাৱতৰ মস্তকত জোৰা লগাই দিবলৈ। পশ্চিম দিশত শুই আছিল এটা বগা হাতী। তাৰেই মাথা কাটি অনি জোৰা দিয়া হ’ল ঐৰাবতৰ দেহত। মঙ্গলকাব্যত গণেশ মঙ্গলকাব্যৰ আৰম্ভণিতেই গণেশ বন্দনাৰ ৰেৱাজ দেখা যায়। শাস্ত্ৰীয় কাৰণত কোন ঠাইতে এই নিয়মৰ হীনদেড়ি ঘটা নাই। কবিকঙ্কণ মুকুন্দ চক্ৰৱৰ্তীৰ চণ্ডীমঙ্গল কাব্যৰ আদিলৈ চালে দেখা যায়ঃ গণপতি দেবেৰ প্ৰধান ব্যাস আদি জত কবি তোমাৰ চৰণ সেবি প্ৰকাশিলা আগম পুৰাণ। অপেক্ষাকৃত আধুনিক কালৰ কবি ভাৰতচন্দ্ৰ ৰায়গুণাকৰ মাৰ্জিত ৰুচিৰ ভাষাত ৰচিত অন্নদামঙ্গল কাব্যও গণেশ বন্দনাৰ দ্বাৰা আৰম্ভ কৰিছেঃ গণেশায় নমো নমঃ আদি ব্ৰহ্ম নিৰুপম পৰমপুৰুষ পৰাৎপৰ। খৰ্ব্বস্থূল কলেবৰ গজমুখ লম্বোদৰ মহাযোগী পৰম সুন্দৰ॥... আমি চাহি এই বৰ শুন প্ৰভু গণেশ্বৰ অন্নপূৰ্ণামঙ্গল ৰচিব। কৃপাবলোকন কৰ বিঘ্নৰাজ বিঘ্ন হৰ ইথে পাৰ তবে যে পাইব॥... আৰু সেই কাব্যৰ ‘হৰগৌৰীৰ কোন্দল’ অংশত গণেশক লৈ ৰঙ্গ-ধেমালি কৰিবলৈ এৰা নাই কবিয়ে, বড় পুত্ৰ গজমুখে চাৰি হাতে খান। সব গুণ সিদ্ধি খেতে বাপেৰ সমান॥ ভিক্ষা মাগি খুদ কণা যা পান ঠাকুৰ। তাহাৰ ইন্দুৰে কৰে কাটুৰ-কুটুৰ॥ শাক্ত পদাৱলীত গণেশ শাক্ত পদাৱলীৰ আগমনী অংশত গণেশৰ চিত্ৰখন ঘৰৰ আদৰৰ সন্তানৰ ছবি। গণেশ-জননীৰূপী দুৰ্গা বাঙালীৰ বিশেষ প্ৰিয়। দাশৰথি ৰায়ৰ গানত পোৱা যায়ঃ বসিলেন মা হেমবৰণী, হেৰম্বে ল’য়ে কোলে। হেৰি গণেশ-জননী-ৰূপ, ৰাণী ভাসেন নয়ন-জলে। ব্ৰহ্মাদি বালক যাৰ, গিৰি-বালিকা সেই তাৰা। পদতলে বালক ভানু, বালক চন্দ্ৰধৰা। বালক ভানু জিনি তনু, বালক কোলে দোলে॥ ৰাণী মনে ভাবেন- উমাৰে দেখি, কি উমাৰ কুমাৰে দেখি, কোন্ ৰূপে সঁপিয়ে ৰাখি নয়নযুগলে। দাশৰথি কহিছে, ৰাণী, দুই তুল্য দৰশন হেৰ, ব্ৰহ্মময়ী আৰ ঐ ব্ৰহ্ম-ৰূপ গজানন, ব্ৰহ্ম-কোলে ব্ৰহ্ম-ছেলে বসেছে মা বলে॥ সম্পৰ্কীয় প্ৰবন্ধ গণেশ পূজা গণ গণাধিপতি লগতে চাওক ৰাক্ষস তথ্য সংগ্ৰহ উদ্ধৃতি সংযোগ (1993 বাহ্যিক সংযোগ হিন্দু
97711
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A6%BF%20%E0%A6%B6%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%AE
ভি শান্তাৰাম
শান্তাৰাম ৰাজাৰাম ৱনকুদ্ৰে ১৮ নৱেম্বৰ ১৯০১ ৩০ অক্টোবৰ ১৯৯০) হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰৰ বাবে পৰিচিত এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা। তেওঁক ভি শান্তাৰাম বা শান্তাৰাম বাপু বুলিও কোৱা হয়। ড° কোটনিছ কি অমৰ কহানী (১৯৪৬), অমৰ ভূপালী (১৯৫১), ঝনক ঝনক পায়ল বাজে (১৯৫৫), দো আঁখেঁ বাৰহ হাথ (১৯৫৭), নৱৰং (১৯৫৯), দুনিয়া না মানে (১৯৩৭, পিঞ্জৰা (১৯৭২), চানী, ইয়ে মাৰাঠিচে নাগৰী আৰু জুঞ্জ শান্তাৰাম পৰিচালিত প্ৰখ্যাত ছবি। কৰ্মজীৱন ভি শান্তাৰামে কোলহাপুৰৰ বাবুৰাও পেইণ্টাৰৰ মালিকানাধীন মহাৰাষ্ট্ৰ ফিল্ম কোম্পানীত সৰু-সুৰা কাম কৰি নিজৰ চলচ্চিত্ৰীয় কৰ্মজীৱন আৰম্ভ কৰিছিল। ১৯২১ চনত তেওঁ নিৰ্বাক ছবি সুৰেখা হৰণত অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে। আন্নাচাহেব নামেৰে মৰমেৰে অন্যলোকে সম্বোধন কৰা শান্তাৰাম প্ৰায় সাত দশক ধৰি চলচ্চিত্ৰ নিৰ্মানৰ সৈতে জড়িত আছিল। সামাজিক পৰিৱৰ্তনৰ আহিলা হিচাপে চলচ্চিত্ৰ মাধ্যমৰ কাৰ্যকাৰিতা উপলব্ধি কৰা প্ৰাৰম্ভিক চলচ্চিত্ৰ নিৰ্মাতাসকলৰ ভিতৰত তেওঁ অন্যতম। এফালে মানৱতাবাদৰ পোষকতা আৰু আনফালে কুসংস্কাৰ আৰু অন্যায়ক উদঙাই দিয়াৰ বাবে তেওঁ এই মাধ্যমটোক সফলতাৰে ব্যৱহাৰ কৰিছিল। ভি শান্তাৰাম আছিল সংগীতৰ প্ৰতি অতি আগ্ৰহী। কোৱা হয় যে তেওঁ বহু সংগীত পৰিচালকৰ বাবে অন্য প্ৰসিদ্ধ ব্যক্তিৰ গীত লিখিছিল, আৰু সংগীত ৰচনাত সক্ৰিয় অংশ লৈছিল। ভি শান্তাৰামৰ ছবিৰ কিছুমান গীত তেওঁৰ অনুমোদন পোৱাৰ আগতে কেইবাবাৰো আখৰা কৰিবলগীয়া হৈছিল। তেওঁৰ মাৰাঠী ছবি মানুসৰ বাবে চাৰ্লি চেপলিনেও তেওঁক প্ৰশংসা কৰিছিল। চেপলিনে ছবিখন বহুত ভাল পাইছিল বুলি কোৱা হয়। নেতাজী পালকাৰ (১৯২৭) তেওঁ পৰিচালনা কৰা প্ৰথম ছবি। ১৯২৯ চনত বিষ্ণুপন্ত দামলে, কে.আৰ. ধাইবাৰ, এছ ফটেলাল আৰু এছ.বি. কুলকাৰ্ণীৰ সৈতে তেওঁ ‘প্ৰভাত ফিল্ম কোম্পানী’ প্ৰতিষ্ঠা কৰে। এই প্ৰতিষ্ঠানৰ পৰা নিৰ্মিত প্ৰথম ছবিখন আছিল ১৯৩২ চনত মুক্তি পোৱা আৰু তেৱেঁ পৰিচালনা কৰা মাৰাঠী ছবি অযোধ্যেছা ৰাজা। মুম্বাইত "ৰাজকমল কালামন্দিৰ" প্ৰতিষ্ঠা কৰিবলৈ ১৯৪২ চনত তেওঁ প্ৰভাত ফিল্ম কোম্পানী এৰে। সময়ত ‘ৰাজকমল’ দেশৰ অন্যতম অত্যাধুনিক ষ্টুডিঅ'ত পৰিণত হয়। শান্তাৰামে ১৯৬৪ চনৰ গীত গায়া পাত্থৰোনে ছবিত কন্যা ৰাজশ্ৰী (দ্বিতীয় পত্নী জয়শ্ৰীৰ ফালৰ) আৰু জীতেন্দ্ৰক পৰিচয় কৰাই দিছিল। ১৯৭৫ চনত পুত্ৰ কিৰণ শান্তাৰামৰ পৰিচালনাত নিৰ্মিত চন্দনাচি চোলি আং আং জালিৰ জৰিয়তে তৃতীয় পত্নী সন্ধ্যাৰ ভতিজী ৰঞ্জনা দেশমুখক মাৰাঠী চলচ্চিত্ৰ জগতত পৰিচয় কৰাই দিয়ে। ৭০ আৰু ৮০ৰ দশকত ৰঞ্জনাই মাৰাঠী ৰূপালী পৰ্দাত আধিপত্য বিস্তাৰ কৰিছিল। ব্যক্তিগত জীৱন ১৯০১ চনত কোলহাপুৰত এটা মাৰাঠী জৈন পৰিয়ালত শান্তৰামৰ জন্ম হৈছিল। ১৯২১ চনত ২০ বছৰ বয়সত তেওঁ ১২ বছৰীয়া বিমলাবাইক বিয়া কৰায়। বিমলাবাইৰ সৈতে তেওঁ চাৰিটা সন্তান আছিল- প্ৰভাত কুমাৰ (যাৰ নামেৰে শান্তাৰামে নিজৰ চলচ্চিত্ৰ কোম্পানীৰ নাম দিছিল) আৰু কন্যা সৰোজ, মধুৰা আৰু চাৰুশীলা। ডাঙৰ কন্যা সৰোজৰ বিয়া পাৰ্চী ভদ্ৰলোক ছলি ইঞ্জিনিয়াৰৰ সৈতে ডাঙৰ কন্যা সৰোজৰ বিয়া হয়। শান্তাৰামৰ দ্বিতীয় কন্যা মধুৰা পণ্ডিত যশৰাজৰ পত্নী আৰু সংগীত পৰিচালক শাৰংগ দেৱ পণ্ডিত আৰু টিভি ব্যক্তিত্ব দুৰ্গা জশৰাজৰ মাতৃ। শান্তাৰামৰ তৃতীয় কন্যা চাৰুশীলা হিন্দী আৰু মাৰাঠী অভিনেতা সুশান্ত ৰায় অৰ্থাৎ সিদ্ধাৰ্থ সত্যজিতৰ মাতৃ। ১৯৪১ চনত শান্তাৰামে শকুন্তলা (১৯৪২) আদি কেইবাখনো ছবিত একেলগে কাম কৰা অভিনেত্ৰী জয়শ্ৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। জয়শ্ৰীৰ সৈতে তেওঁৰ তিনিটা সন্তান- পুত্ৰ, মাৰাঠী চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক কিৰণ শান্তাৰাম, আৰু দুগৰাকী কন্যা অভিনেত্ৰী ৰাজশ্ৰী আৰু তেজশ্ৰী। বঁটা ১৯৫৫: ৩য় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ অল ইণ্ডিয়া চাৰ্টিফিকেট অফ মেৰিট- ঝনক ঝনক পায়ল বাজে ১৯৫৫: শ্ৰেষ্ঠ হিন্দী পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ চিলভাৰ পদক- ঝনক ঝনক পায়ল বাজে ১৯৫৭: ৫ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ সোণৰ পদক- দো আঁখেঁ বাৰহ হাথ ১৯৫৭: শ্ৰেষ্ঠ হিন্দী পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক- দো আঁখেঁ বাৰহ হাথ ১৯৫৭: শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা ঝনক ঝনক পায়ল বাজে ১৯৫৮: ৮ম বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱ, বঁটা- ঝনক ঝনক পায়ল বাজে ১৯৫৮: ৮ম বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱ, চিলভাৰ বিয়েৰ (বিশেষ বঁটা)- ঝনক ঝনক পায়ল বাজে ১৯৫৯: ১৬তম গোল্ডেন গ্লোৱ বঁটা, চেমুৱেল গোল্ডৱিন চলচ্চিত্ৰ বঁটা- দো আঁখেঁ বাৰহ হাথ ১৯৮৫: দাদা চাহেব ফাল্কে বঁটা ১৯৯২: পদ্ম বিভূষণ (মৰণোত্তৰভাবে) তথ্যউৎস জীৱনী 2003, 1985. বঁটা আৰু স্বীকৃতি স্বীকৃতি ২০১৭ ১১৬তম জন্মদিন উপলক্ষে ১৮ নৱেম্বৰ ২০১৭-ত গুগল-ডুডলেৰে শান্তাৰামলৈ শ্ৰদ্ধা নিবেদন ১৯৫২ কান চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতাত অমৰ ভূপালীৰ অংশগ্ৰহণ বাহ্যিক সংযোগ 30 2001 হিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালক মাৰাঠী ভাষাৰ চলচ্চিত্ৰ পৰিচালক চলচ্চিত্ৰ প্ৰযোজক চিত্ৰনাট্য লেখক নিৰ্বাক চলচ্চিত্ৰৰ অভিনেতা হিন্দী চলচ্চিত্ৰৰ অভিনেতা পদ্মবিভূষণ বঁটা বিজয়ী দাদাচাহেব ফাল্কে বঁটা বিজয়ী মাৰাঠী
86130
https://as.wikipedia.org/wiki/%E0%A6%87%E0%A6%A1%E0%A6%B2%E0%A6%BF
ইডলি
ইডলি বা আইডলি ()হৈছে দক্ষিণ ভাৰতৰ পৰা উৎপত্তি হোৱা এক প্ৰকাৰৰ টেঙা চাউলৰ পিঠা, দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত ব্ৰেকফাষ্ট খাদ্য হিচাপে জনপ্ৰিয়। কিম্বন কৰা ক’লা মচুৰ দাইল (ডি-হাস্কড) আৰু চাউলৰে গঠিত বেটাৰ ভাপত দি কেক তৈয়াৰ কৰা হয়। কিম্বন প্ৰক্ৰিয়াই ষ্টাৰচবোৰ ভাঙি পেলায় যাতে শৰীৰৰ দ্বাৰা অধিক সহজে বিপাকীয় ক্ৰিয়া হয়। ইডলীৰ কেইবাটাও ভিন্নতা আছে, য’ত ৰাভা ইডলিও আছে, যিটো চেমোলিনাৰ পৰা তৈয়াৰ কৰা হয়। আঞ্চলিক ভিন্নতাসমূহৰ ভিতৰত কংকনৰ সন্না অন্তৰ্ভুক্ত ইতিহাস আধুনিক ইডলীৰ এটা পূৰ্বসূৰী কেইবাখনো প্ৰাচীন ভাৰতীয় গ্ৰন্থত উল্লেখ আছে। ৯২০ খ্ৰীষ্টাব্দত শিৱকোটিয়াচাৰ্যৰ কানাড়া ভাষাৰ গ্ৰন্থ বদ্দাৰাধনেত "ইদ্দালিগে"ৰ কথা উল্লেখ আছে, যিটো কেৱল ক'লা মাটি দাইলৰ পিঠাগুড়িৰ পৰা প্ৰস্তুত কৰা হৈছিল। প্ৰাচীন উপলব্ধ কানাড় বিশ্বকোষ লোকোপাকাৰ (প্ৰায় ১০২৫ খ্ৰীষ্টাব্দ)ৰ লেখক দ্বিতীয় চাভুণ্ডাৰয়াই এই খাদ্য প্ৰস্তুত কৰাৰ বিষয়ে বৰ্ণনা কৰিছে যে মাটিৰ দাইল দৈৰ পানীত তিয়াই মিহি পেষ্ট কৰি এই খাদ্য প্ৰস্তুত কৰা হয়। বৰ্তমান কৰ্ণাটক নামৰ অঞ্চলটোত ৰাজত্ব কৰা পশ্চিমীয়া চালুক্য ৰজা আৰু পণ্ডিত তৃতীয় সোমেশ্বৰে তেওঁৰ বিশ্বকোষ মানসোল্লাস (১১৩০ খ্ৰীষ্টাব্দ)ত ইডলি ৰেচিপি অন্তৰ্ভুক্ত কৰিছিল। এই সংস্কৃত ভাষাৰ গ্ৰন্থখনত খাদ্যৰ বৰ্ণনা ইদাৰিকা বুলি কৰা হৈছে। কৰ্ণাটকত ১২৩৫ খ্ৰীষ্টাব্দৰ ইদলি "উচ্চ মূল্যৰ মুদ্ৰাৰ দৰে লঘু" বুলি বৰ্ণনা কৰা হৈছে, যিটোৱে ধানৰ ভিত্তিৰ ইংগিত নিদিয়ে। এই ৰেচিপি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা খাদ্যক বৰ্তমান কৰ্ণাটকত উদ্দিন ইডলি বুলি কোৱা হয়। এই প্ৰাচীন ভাৰতীয় ৰচনাসমূহত উল্লেখ কৰা ৰেচিপিটোৱে আধুনিক ইডলি ৰেচিপিৰ তিনিটা মূল দিশ এৰি থৈ গৈছে: চাউলৰ ব্যৱহাৰ (কেৱল ক’লা গ্ৰাম নহয়), মিশ্ৰণৰ দীৰ্ঘদিনীয়া কিম্বন আৰু ফুলি উঠাৰ বাবে ভাপত দিয়া। আধুনিক ৰেচিপিৰ উল্লেখ ভাৰতীয় গ্ৰন্থসমূহত ১২৫০ খ্ৰীষ্টাব্দৰ পিছতহে পোৱা যায়। খাদ্য ইতিহাসবিদ কে টি আচায়াই অনুমান কৰিছে যে আধুনিক ইডলি ৰেচিপিৰ উৎপত্তি হয়তো বৰ্তমানৰ ইণ্ডোনেছিয়াত হ’ব পাৰে, য’ত কিম্বন কৰা খাদ্যৰ দীৰ্ঘদিনীয়া পৰম্পৰা আছে। তেওঁৰ মতে ভাৰতীয়কৃত ৰাজ্যসমূহৰ হিন্দু ৰজাসকলে নিয়োগ কৰা ৰান্ধনীসকলে হয়তো তাত ভাপত দিয়া ইডলি উদ্ভাৱন কৰিছিল, আৰু ৮০০–১২০০ খ্ৰীষ্টাব্দৰ ভিতৰত এই ৰেচিপিটো ভাৰতলৈ ঘূৰাই আনিছিল। আচায়াই "কেডলি" নামৰ ইণ্ডোনেছিয়ান খাদ্যৰ কথা উল্লেখ কৰিছিল, যিটো তেওঁৰ মতে ইডলিৰ দৰে আছিল। কিন্তু জানাকী লেনিনে এই নামৰ ইণ্ডোনেছিয়ান খাদ্যৰ কোনো ৰেচিপি বিচাৰি উলিয়াব পৰা নাছিল। খাদ্য ইতিহাসবিদ কলিন টেইলৰ চেনৰ মতে ইডলি বেটাৰৰ কিম্বন প্ৰক্ৰিয়া হৈছে প্ৰাকৃতিক প্ৰক্ৰিয়া যিটো ভাৰতত স্বতন্ত্ৰভাৱে আৱিষ্কাৰ কৰা হৈছিল, কিয়নো প্ৰায় সকলো সংস্কৃতিতে কোনোবা নহয় কোনোবা ৰূপত কিম্বন ব্যৱহাৰ কৰা হয়। গুজৰাটী ইতিহাসবিদসকলৰ মতে দশম আৰু দ্বাদশ শতিকাৰ সময়ছোৱাত দক্ষিণ ভাৰতত ইডলীৰ প্ৰচলন সৌৰাষ্ট্ৰীয় বস্ত্ৰ ব্যৱসায়ীসকলেহে কৰিছিল। আনকি দাবী কৰা হৈছে যে চাউল আৰু ক'লা চৰণ একেলগে পিহি পিছলৈ ভাপত দি কেক তৈয়াৰ কৰা মিশ্ৰণৰ উৎপত্তি গুজৰাটত হৈছিল। গুজৰাটী গ্ৰন্থ বৰ্ণক সমুচ্চায় (১৫২০ খ্ৰীষ্টাব্দ)ত ইডলীক ইডাৰী বুলি উল্লেখ কৰা হৈছে, আৰু ইয়াৰ স্থানীয় অভিযোজন ইদাদা (ঢোকলাৰ এক অকিম্বিত সংস্কৰণ)ও উল্লেখ কৰা হৈছে। ইডলী হিচাপে উল্লেখ কৰা আটাইতকৈ প্ৰাচীন তামিল গ্ৰন্থখন হৈছে ১৭ শতিকাৰ মাকাপুৰানাম। ২০১৫ চনত চেন্নাইৰ ইডলী কেটাৰ ইনিয়াভানে ৩০ মাৰ্চক "বিশ্ব ইডলি দিৱস" হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰে। ৰন্ধন প্ৰণালী ইডলি বনাবলৈ চাৰি ভাগ কুমল বা উখোৱা চাউলৰ এক অংশ আৰু মাটি দাইলৰ তিনি অংশ কমেও ছয় ঘণ্টা বা গোটেই ৰাতিটো পৃথকে পৃথকে তিয়াই থ’ব লাগে। ঐচ্ছিকভাৱে অতিৰিক্ত সোৱাদৰ বাবে তিয়াই থোৱাৰ সময়ত মেথিৰ গুটিৰ দৰে মছলা দিব পাৰি। তিয়াই লোৱাৰ পিছত দাইলখিনি পিহি মিহি পেষ্ট কৰি চাউলখিনি পৃথকে পৃথকে মোটাকৈ পিহি লোৱা হয়, তাৰ পিছত একেলগে মিহলি কৰা হয়। ইয়াৰ পিছত মিশ্ৰণটো ৰাতিটোৰ বাবে কিম্বন হ’বলৈ দিয়া হয় আৰু এই সময়ছোৱাত ইয়াৰ আয়তন দুগুণতকৈও অধিক হ’ব। কিম্বন কৰাৰ পিছত ইয়াৰ কিছু পিঠাগুড়িৰ অংশ পৰৱৰ্তী ইডলিৰ বাবে আৰাম্ভণীৰ কালচাৰ হিচাপে ৰাখিব পাৰি। সম্পূৰ্ণ হোৱা ইডলি পিঠাগুড়ি ভাপত দিয়াৰ বাবে ইডলি ট্ৰে এখন অলপ তেল সানি ভৰাই ভাপত থোৱা হয়। ছিদ্ৰযুক্ত সাঁচখনত ইডলিবোৰ সমানে ৰান্ধিব ১৫-২০ ভাপত সিজিবলৈ দিব লাগে তাৰপাছত ঠাণ্ডা হলে এটা এটাকৈ সাঁচখনৰ পৰা উলিয়াব লাগে গেলাৰী তথ্য সংগ্ৰহ
4374
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%A6%E0%A6%BE%E0%A6%B8
কালিদাস
কালিদাস (সংস্কৃত: (অৰ্থ: কালি বা চিঞাহীৰ দাস বা উপাসক) আছিল এজন ধ্ৰুপদী সংস্কৃত ৰচয়িতা যাক সংস্কৃত ভাষাৰ শ্ৰেষ্ঠ কবি আৰু নাট্যকাৰ বুলিও গণ্য কৰা হয়। তেওঁৰ জীৱনকাল সম্বন্ধে অধিকাংশ তথ্যই অজ্ঞাত। মাত্ৰ তেওঁৰ কাব্য আৰু নাট্যৰ পৰা সামান্য পাঠোদ্ধাৰ সম্ভৱ। তেওঁৰ জীৱনকালৰ সঠিক সময়সীমা উদ্ধাৰ নহ'লেও পঞ্চম শতিকা বুলি অনুমান কৰা হৈছে। ইংৰাজী সাহিত্যত ৱিলিয়াম শ্যেক্সপীয়েৰৰ যি স্থান, সংস্কৃত সাহিত্যতো কালিদাসৰ স্থান একেই বুলি গণ্য কৰা হয়। তেওঁৰ নাট্য আৰু কাব্যসাহিত্য ঘাইকৈ হিন্দু পুৰাণ আৰু দৰ্শনৰ ওপৰত ভিত্তি কৰি লিখা। জীৱন পণ্ডিতসকলৰ মতে কালিদাস হিমালয়ৰ ওচৰত বাস কৰিছিল, পৌৰাণিক উজ্জয়িনী আৰু কলিংগৰ পৰিধিৰ অন্তৰালত। এই প্ৰতিপাদ্যটি কালিদাসৰ কুমাৰসম্ভৱৰ হিমালয়ৰ বহল বৰ্ণনাৰ ওপৰত ভিত্তিত, মেঘদূতত কবিৰ উজ্জয়িনীলৈ থকা প্ৰেম প্ৰদৰ্শন আৰু তেওঁৰ প্ৰসস্তি কলিংগ সম্ৰাট হেমাংগদ ৰঘুবংশত (ষষ্ঠ সৰ্গ)। সময়কাল বহুসংখ্যক পৌৰাণিক আৰু মধ্যযুগৰ গ্ৰন্থৰ মতে কালিদাস এজন সম্ৰাট বিক্ৰমাদিত্যৰ ৰাজকীয় কবি আছিল। কিংবদন্তি সম্ৰাট বিক্ৰমাদিত্যই খ্ৰীষ্টিয় প্ৰথম শতিকাত উজ্জয়িনীৰ পৰা শাসন কৰিছিল বুলি জনা যায়। আন একাংশ পণ্ডিতৰ মতে এইজন বিক্ৰমাদিত্য ঐতিহাসিক বিক্ৰমাদিত্য নহয়। অন্যান্য উজ্জয়িনীৰ সম্ৰাটসকলেও বিক্ৰমাদিত্য নামৰ শিৰোনাম লৈছিল, উল্লেখযোগ্যভাবে, দ্বিতীয় চন্দ্ৰগুপ্ত (৪১৪-৪৫৫ শতিকা) আৰু যশোধৰ্মণ( ষষ্ঠ শতিকা আটাইতকৈ জনপ্ৰিয় তত্ত্বটো হৈছে, কালিদাসৰ বিকাশ হৈছিল দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসনকালত। সেইবাবে তেওঁৰ জীৱনকাল পঞ্চম-ষষ্ঠ শতিকা বুলি ধৰা হয়। বহুতো পাশ্চাত্যৰ পণ্ডিতৰ মতে যেনে ৱিলিয়াম জঞ্ছ আৰু এ বি কীথ, এই তত্ত্ব শুদ্ধ। ভাৰতীয় পণ্ডিত সকলেও তেওঁক এইটো কালতে আৰোপণ কৰিছে। এই তত্ত্বমতে, কালিদাসৰ বৃত্তিকাল কুমাৰগুপ্তৰ পৰা স্কন্দগুপ্তলৈ বিয়পি পৰিছিল। কালিদাসৰ প্ৰথম হস্তাক্ষৰৰ প্ৰমাণ-তথ্য পোৱা যায় ৪৭৩ খ্ৰীষ্টাব্দত খোদিত সংস্কৃত শিলালিপিত, মন্দসৌৰৰ সূৰ্য মন্দিৰত। তেওঁৰ নাম আৰু আন এজন কবি ভাৰৱীৰ নাম ৬৩৪ খ্ৰীষ্টাব্দৰ এখন শিলালিপিত একেলগে পোৱা যায় বৰ্তমান কৰ্ণাটকৰ আইহলত। কালিদাসৰ বহুজন বিবাদ কিছুসংখ্যক পণ্ডিত, এম শ্ৰীনিবাচাৰিয়াৰ আৰু টি এচ নাৰায়ণাশাস্ত্ৰীৰ মতে, কালিদাস নামৰ কবিজনক আৰোপ কৰা ৰচনাৱলী একক ব্যক্তিৰ নহয়। শ্ৰীনিবাচাৰিয়াৰৰ মতে, অষ্টম আৰু নৱম শতিকাৰ পৰা তিনিজনকৈ জীৱিত খ্যাতিসম্পন্ন সাহিত্যিক কালিদাস নাম পোৱা যায়। এইসকলৰ ভিতৰত দেৱেন্দ্ৰ "কবি-কল্প-লতা"ৰ ৰচয়িতা ৰাজশেখৰ আৰু অভিনন্দ। শাস্ত্ৰীৰমতে, তলত দিয়া তালিকা অনুসৰি, কালিদাস ওৰফে মৈত্ৰীগুপ্ত, সেতুবন্ধ আৰু তিনিখন কাব্যনাটৰ ৰচয়িতা অভিজ্ঞানম শকুন্তলম, মালবিকাগ্নিমিত্ৰম আৰু বিক্ৰমোৰ্বৈশ্যম কালিদাস ওৰফে মেধাৰুদ্ৰ, কুমাৰসম্ভৱ, মেঘদূত আৰু ৰঘুবংশমৰ ৰচয়িতা। কালিদাস ওৰফে কোটিজিৎ, ৰিতুসংহাৰ, শ্যামল-দণ্ডকম আৰু শৃংগাৰতিলক। শাস্ত্ৰীয়ে ইয়াৰ উপৰিও অন্য ছয়জন সাহিত্যিক কালিদাসৰ উল্লেখ কৰিছে: পৰিমল কালিদাস বা পদ্মগুপ্ত ৰচনা নৱসাহসংক যমকবি ওৰফে কালিদাস নলোদয়ৰ ৰচয়িতা), নৱকালিদাস ৰচনা চম্পো ভাগৱত কালিদাস অকবৰীয় "সমস্যা"ৰ কৃত কালিদাস অষ্টম ৰচনা লম্বোদৰ প্ৰহসন আৰু অভিনৱ কালিদাস ওৰফে মাধৱ সংক্ষেপ-শংকৰ-বিজয়ম ৰচয়িতা কে কৃষ্ণমূৰ্তিৰ মতে, বিক্ৰমাদিত্য বা কালিদাসে সাধাৰণত: বিশেষ্য হিচাপে যিকোনো অনুদানিত/পালিত সম্ৰাট আৰু তেওঁৰ ৰাজসভাৰ ৰাজকবিক বুজায়। প্ৰবাদমতে কবিজন তেওঁৰ সৌন্দৰ্য্যৰ বাবে জনাজাত আছিল যাৰ বাবে ৰাজকুঁৱৰী বিদ্যোতমা তেওঁৰ প্ৰতি আকৰ্ষিত হয় আৰু বিয়া কৰায়। কিন্তু কালিদাসৰ কোনো শিক্ষা-দিক্ষা নাছিল। সেইকাৰণে ৰাজকুঁৱৰী তেওঁৰ মুৰ্খতাৰ বাবে লজ্জিত হৈ কালিদাসক কটু কথা শুনায়। তেতিয়া কালিদাসে এটা কুঁৱাৰ ওচৰলৈ আত্মহত্যাৰ উদ্দেশ্যে গৈ তেওঁৰ আৰাধ্য দেৱী কালীক (কিছুমানৰ মতে সৰস্বতী) স্মৰণ কৰে আৰু দেৱীয়ে নিজৰ ভক্তক অসাধাৰণ বুদ্ধিমত্তা প্ৰদান কৰে। প্ৰবাদ অনুসৰি উজ্জয়িনীৰ ৰজা বিক্ৰমাদিত্যৰ ৰাজসভাত নৱৰত্নৰ ভিতৰত তেওঁ শ্ৰেষ্ঠ বুলি পৰিগণিত হয়। ইয়াকো কোৱা হয় যে শ্ৰী লংকাত কুমাৰদাসৰ শাসনকালত এজন সভাসদে তেওঁক হত্যা কৰে। পৰৱৰ্তী ব্যাপ্তি বহুতো পণ্ডিতে কালিদাসৰ সম্পৰ্কে টীকাভাষ্য বা আলচ্য আগবঢাইছে। তাৰ ভিতৰত সবাতোকৈ বহুল পঠিত টীকাভাষ্যখন হৈছে কোলাচ্চল মল্লিনাথ চোৰীৰ দ্বাৰা ১৫শ শতিকাত ৰচিত। ইয়াতকৈ পুৰণি টীকাভাষ্যখনৰ ৰচয়িতা কাশ্মীৰি পণ্ডিত বল্লভদেৱ। প্ৰসিদ্ধ সংস্কৃত কবি বাণভট্ত, জয়দেৱ আৰু ৰাজশেখৰ আদিয়ে প্ৰণিপাতত মনোমোহা ৰচনাৰ প্ৰশংসা ৰাখি গৈছে। সৰ্বজনবিদিত কবিতা উপমা কালিদাসস্য....)ই কালিদাসৰ উপমা আৰু বক্তব্যৰ দক্ষতাৰ প্ৰশংসা কৰি গৈছে। কালিদাসৰ অভিজ্ঞানমশকুন্তলম হৈছে প্ৰথমখন ইংৰাজী ভাষালৈ অনূদিত হোৱা গ্ৰন্থ। পিছলৈ ই জাৰ্মান ভাষালৈও অনূদিত হয় আৰু প্ৰথিতযশা জাৰ্মান কবিসকলক যেনে হাৰ্ডাৰ আৰু গ'থক অভিভূত কৰে। প্ৰভাৱিত কালিদাসৰ প্ৰভাৱ বিভিন্ন সংস্কৃত ৰচনাৱলীত, আৰু প্ৰায়সমূহ ভাৰতীয় ভাষাতে পৰিছিল। কালিদাসৰ প্ৰভাৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ক্ষেত্ৰত উল্লেখ্য। মেঘদূত কাব্যৰ ৰমন্যাসবাদ ৰবীন্দ্ৰনাথ ঠাকুৰৰ বৰ্ষা কালৰ ওপৰত লিখা ৰচনাৰাজিত পোৱা যায়। কালিদাসকৃত সংস্কৃত নাট্যসমূহৰ প্ৰভাৱ ১৮ শতিকাৰ শেহৰফালে আৰু ১৯ শতিকাৰ আৰম্ভণিত ইউৰোপীয় সাহিত্যত পৰে। তথ্যসূত্ৰ ভাৰতৰ ব্যক্তি
4966
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%20%E0%A6%B6%E0%A6%99%E0%A7%8D%E0%A6%95%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A7%B1%20%28%E0%A6%9A%E0%A6%B2%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0%29
শ্ৰীমন্ত শঙ্কৰদেৱ (চলচ্চিত্ৰ)
শ্ৰীমন্ত শঙ্কৰদেৱ হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱনৰ আধাৰত নিৰ্মিত আৰু সূৰ্য্য হাজৰিকা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন প্ৰযোজনা কৰিছিল পৰাণ বৰবৰুৱাই। ড॰ পূৰ্ণানন্দ শইকীয়াই "গুৰুচৰিত"ৰ সহায় লৈ ইয়াৰ কাহিনী ৰচনা কৰে। নাম ভূমিকাত অৰিন্দম বৰা, আদিত্য শংকৰ হাজৰিকা আৰু দিলীপ কুমাৰ বৰুৱাই ভিন ভিন বয়সৰ চৰিত্ৰত অভিনয় কৰে। ২০১০ চনৰ ১০ মাৰ্চত এই ছবিখনে মুক্তি লাভ কৰে। কাহিনীৰ সাৰাংশ বোলছবিখনৰ আৰম্ভণি হয় বৰ্তমানৰ নগাঁও জিলাৰ বৰদোৱাত কটোৱা শঙ্কৰদেৱৰ শৈশৱ কালৰ দৃশ্যৰ পৰা। সৰুতেই মাক সত্যসন্ধা আৰু দেউতাক কুসুম্বৰ ভূঞাক হেৰোৱা শঙ্কৰে আইতাক খেৰসূতীৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হয়। শঙ্কৰে কেৱল ধেমালি-ধুমুলা কৰি সময় কটোৱা বাবে আইতাক চিন্তাত পৰে। যথেষ্ট পলমকৈ বাৰ বছৰ বয়সত মহেন্দ্ৰ কন্দলিৰ টোলত নাম লগোৱাৰ পিছত শঙ্কৰে সোনকালেই বেদ, উপনিষদ আদি পঢ়ি সম্পূৰ্ণ কৰে। টোলত পঢ়া কালতে তেখেতে "শঙ্কৰদেৱ" নাম পায়। একৈশ বছৰ বয়সত শিক্ষা সাং কৰি শঙ্কৰদেৱে "ভাগৱত" পুথিৰ মৰ্ম সহজ-সৰল ভাষাত গাঁৱৰ ৰাইজক বুজোৱা আৰম্ভ কৰে। আইতাকৰ কথামতে শঙ্কৰদেৱে সূৰ্যৱতীক বিয়া কৰায়। কিন্তু এটি কন্যা সন্তান জন্ম দিয়েই সূৰ্যৱতীৰ মৃত্যু হয়। তেতিয়া শঙ্কৰদেৱে সোতৰজন সঙ্গীৰ সৈতে তীৰ্থ-ভ্ৰমণলৈ ওলাই যায়। ১২ বছৰ ধৰি তেওঁলোকে ভাৰতৰ গয়া, পুৰী, বৃন্দাবন, মথুৰা, দ্বাৰকা, কাশী, প্ৰয়াগ আদি স্থান দৰ্শন কৰে আৰু বৈষ্ণৱ ধৰ্মৰ জ্ঞান অৰ্জন কৰে। তীৰ্থৰ পৰা ঘূৰি আহি শঙ্কৰদেৱে নিজাকৈ "এক শৰণ নাম ধৰ্ম"ৰ প্ৰচলন কৰে। ভক্তিক মূল বিষয় কৰা এই ধৰ্মত বৈদিক নীতি নিয়মৰ সলনিৰ নাম-প্ৰসংগৰ দ্বাৰা কেৱল কৃষ্ণক স্তুতি কৰা হয়। ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত শঙ্কৰদেৱে নানা দিশৰ পৰা বাধা লাভ কৰে। সেইবাবে তেখেতে অসমৰ নানা ঠাই ঘূৰি ফুৰি ধৰ্ম প্ৰচাৰ কৰিবলগীয়া হয়। মাধৱদেৱো তেতিয়া তেখেতৰ লগ লাগে। বোলছবিখনত শিল্পী, সাহিত্যিক আৰু সমাজ সংস্কাৰক হিচাপে শঙ্কৰদেৱৰ প্ৰতিভাৰ ওপৰতো আলোকপাত কৰা হৈছে। নামধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে তেখেতে কীৰ্তন ঘোষা, গুণমালা, অংকীয়া নাট, বৰগীত আদি ৰচনা কৰিছিল। বৃন্দাবন আৰু বৈকুণ্ঠৰ দৃশ্যৰে তেখেতে শিপিনীসকলৰ সহায়ত 'বৃন্দাবনী বস্ত্ৰ' নিৰ্মাণ কৰি উলিয়াইছিল। নাম-কীৰ্তনৰ বাবে তেখেতে 'নামঘৰ' আৰু বৈষ্ণৱ সংস্কৃতিৰ শিক্ষাৰ বাবে 'সত্ৰ' স্থাপন কৰিছিল। ভেদ-ভাৱে আৱৰি ধৰা অসমীয়া সমাজখনক শঙ্কৰদেৱে একতাৰ দোলেৰে বান্ধিবলৈ সক্ষম হোৱা কাহিনী বোলছবিখনত বৰ্ণনা কৰা হৈছে। কোচ ৰজা নৰনাৰায়ণৰ ৰাজসভাত শঙ্কৰদেৱে নিজৰ প্ৰজ্ঞাৰে আন আন পণ্ডিতসকলক তৰ্ক যুদ্ধত পৰাস্ত কৰাত ৰজা অভিভূত হৈ তেখেতক ৰাজসভাত স্থান দিয়ে। ৰজাই নামধৰ্মত দিক্ষা লোৱাৰ ইচ্ছা প্ৰকাশ কৰাৰ পিছত শিষ্যসকলৰ সন্মুখত গুৰুজনাই দেহত্যাগ কৰা দৃশ্যৰে বোলছবিখনৰ সমাপ্তি হৈছে। মুক্তি আৰু দৰ্শকৰ সঁহাৰি ২০১০ চনৰ ১০ মাৰ্চত গুৱাহাটীৰ অনুৰাধা ছবিঘৰত বোলছবিখনৰ প্ৰিমিয়াৰ শ্ব' অনুষ্ঠিত হয়। এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ উপস্থিত থাকে। ২ এপ্ৰিল তাৰিখে অসমৰ ২৫টা ছবিঘৰত বোলছবিখন ব্যৱসায়িকভাৱে মুক্তি দিয়া হয়। প্ৰথমে ছবিখনে দৰ্শকক আকৃষ্ট কৰিব পৰা আছিল যদিও পিছলৈ ছবিঘৰত দৰ্শকৰ কিছু সমাগম হয়। অভিনেতা/অভিনেত্ৰী মলয়া গোস্বামী (খেৰসূতী) অৰিন্দম বৰা (শিশু শঙ্কৰদেৱ) আদিত্য শঙ্কৰ হাজৰিকা (ডেকা শঙ্কৰদেৱ) দিলীপ কুমাৰ বৰুৱা (পৈণত শঙ্কৰদেৱ) পুলক সভাপণ্ডিত (মাধৱদেৱ) সদানন্দ ফুকন (হৰিদেৱ) প্ৰদীপ ভূঞা (দামোদৰদেৱ) পৃথ্বীৰাজ ৰাভা (ৰজা নৰনাৰায়ণ) কৈলাস বৰা (চিলাৰায়) মৃণাল গোস্বামী (মহেন্দ্ৰ কন্দলী) গুণ মহন্ত (জয়ন্ত ভূঞা) ৰাজদীপ গোস্বামী (নৰোত্তম দেৱ) উমেশ হাজৰিকা (বনগয়া) গোপাল কৃষ্ণ বৰা (অনন্ত কন্দলী) তাজ হুছেইন (চান্দসাই) দীপাঞ্জলী শৰ্মা (সূৰ্য্যৱতী) চুমকি চৌধুৰী (কালিন্দী) নৱ শৰ্মা (হৰি জোঁৱাই) দীপৰঞ্জন নাথ (ৰাম সৰস্বতী) আৰু বহুতো। কলা-কুশলী (তথ্য পেৰাত উল্লেখ নথকা) চিত্ৰনাট্য পৰীক্ষা: সঞ্জীৱ কুমাৰ বৰকাকতি গীতৰ কথা: শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ মুখ্য সহকাৰী পৰিচালক: দিবাকৰ গগৈ প্ৰযোজনা ব্যৱস্থাপক: চন্দ্ৰ ভূঞা, ৰবীন ভূঞা সাজ-সজ্জা আৰু ৰূপসজ্জা: অসীম বোথ্ৰা কলা নিৰ্দেশনা: গোলোক সাহা শব্দগ্ৰহণ: দীপক দত্ত, বিজয় নাথ, মনোৰঞ্জন দাস (বাবুল) স্থিৰচিত্ৰ: প্ৰহ্লাদ চন্দ্ৰ ডেকা তথ্যসূত্ৰ অসমীয়া চলচ্চিত্ৰ ২০১০ দশকৰ অসমীয়া
38241
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%A6%E0%A6%A8%20%E0%A6%AE%E0%A7%8B%E0%A6%B9%E0%A6%A8%20%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A7%B1%E0%A7%80%E0%A6%AF%E0%A6%BC
মদন মোহন মালৱীয়
মদন মোহন মালৱীয় (১৮৬১-৪৬) এগৰাকী শিক্ষাবিদ আৰু ভাৰতীয় স্বাধীনতা আন্দোলন আৰু হিন্দু জাতীয়তাবাদৰ উত্থানৰ বাবে বিশিষ্ট ভূমিকা লোৱা এগৰাকী ৰাজনৈতিক নেতা আছিল। তেখেতক সন্মানেৰে পণ্ডিত মদনমোহন মালৱীয় আৰু 'মহামনা' বুলি সম্বোধন কৰা হৈছিল। মালবীয়ক কাশী হিন্দু বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ বাবে সৰ্বাধিক স্মৰণ কৰা হয়; যিখন বিশ্ববিদ্যালয় বাৰণসীত ১৯১৬ চনত স্থাপন কৰা হৈছিল। এইখন এচিয়াৰ ভিতৰত সবাতোকৈ ডাঙৰ আৱাসিক বিশ্ববিদ্যালয় আৰু বিশ্বৰ অন্যতম বৃহৎ বিশ্ববিদ্যালয়, য’ত কলা, বিজ্ঞান, অভিযান্ত্ৰিকী আৰু প্ৰযুক্তিবিদ্যাৰ বিভিন্ন বিভাগত ১২০০তকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। মালৱীয় ১৯১৯ৰ পৰা ১৯৩৮লৈ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল। মালৱীয় ১৯০৯, ১৯১৩, ১৯১৯ আৰু ১৯৩২ত চাৰিবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হয়। ১৯৩৪ চনত তেখেতে কংগ্ৰেছ ত্যাগ কৰে। তেখেত হিন্দু মহাসভাৰ এগৰাকী প্ৰাৰম্ভিক কালৰ নেতা আছিল। মালৱীয় ভাৰত স্কাউট আৰু গাইডৰো প্ৰতিষ্ঠাপক আছিল। তেখেতে এখন অতিকৈ প্ৰভাৱশালী ইংৰাজী বাতৰিকাকত দ্য লিডাৰ প্ৰতিষ্ঠা কৰে। এই কাকতখন ১৯০৯ত এলাহাবাদৰ পৰা প্ৰকাশ হৈছিল। তেখেত ১৯২৪ৰ পৰা ১৯৪১লৈ হিন্দুস্তান টাইমচৰো চেয়াৰমেনৰ দায়িত্বত আছিল। তেখেতৰ প্ৰচেষ্টাতে ১৯৩৬ৰ পৰা এই কাকতখনৰ হিন্দী সংস্কৰণ প্ৰকাশ হৈছিল। তেখেতক ১৫৩তম জন্মদিৱসৰ এদিন আগত, ২০১৪ চনৰ ২৪ ডিচেম্বৰ দিনা মৰণোত্তৰভাৱে ভাৰতৰ আটাইতকৈ সন্মানীয় অসমাৰিক বঁটা ভাৰতৰত্নৰে বিভূষিত কৰা হব বুলি ঘোষণা কৰা হয়। শৈশৱকাল আৰু শিক্ষাজীৱন মালৱীয়ই ১৮৬১ৰ ২৫ ডিচেম্বৰত এলাহাবাদত গৌড় ব্ৰাহ্মণ পৰিয়ালত পণ্ডিত বিজ নাথৰ ঔৰষত আৰু মুন্না দেৱীৰ গৰ্ভত জন্মগ্ৰহণ কৰে। তেখেতৰ পূৰ্বপুৰুষ সংস্কৃত ভাষা সাহিত্যত থকা পাণ্ডিত্যৰ বাবে জনাজাত আছিল আৰু মূলতঃ এই পৰিয়ালটো মধ্যপ্ৰদেশৰ ‘মালৱা’ৰ পৰা আহিছিল বাবে ‘মালবীয়’ পৰিচিত হৈছিল; যদিও এই পৰিয়ালটোৰ প্ৰকৃত উপাধি আছিল ‘ব্যাস’। মালৱীয় পৰিয়াল বাৰাণসীৰ আগৰৱালা বণিকসকলৰ গৃহ পুৰোহিত আছিল। তেখেতৰ পিতৃৰ সংস্কৃত ধৰ্মশাস্ত্ৰত বিশেষ বুৎপত্তি আছিল আৰু শ্ৰীমৎভাগৱতৰ আবৃত্তি কৰি জীৱিকাৰ আৰ্জিছিল। মালৱীয়ই দুখন সংস্কৃত পাঠশালাত পৰম্পৰাগত শিক্ষাৰে শিক্ষাজীৱন আৰম্ভ কৰে আৰু পিছলৈ ইংৰাজী বিদ্যালয়ত ভৰ্তি হয়। তেখেতে হৰদেৱৰ ধৰ্ম জ্ঞানোপদেশ পাঠশালাত প্ৰাথমিক শিক্ষা সমাপ্ত কৰি বিধা বৰ্দিনী সভাই পৰিচালনা কৰা বিদ্যালয়লৈ যায়। তাৰপিছত তেখেতে এলাহাবাদ জিলা বিদ্যালয়ত পঢ়িবলৈ লয়। ইয়াতে তেখেতে মকৰন্দ ছদ্মনামেৰে কবিতা লিখিবলৈ লয়, যিবোৰ বিভিন্ন আলোচনীত প্ৰকাশ হৈছিল। তেখেতে বৰ্তমান এলাহাবাদ বিশ্ববিদ্যালয় বুলি জনাজাত মুইৰ চেণ্ট্ৰেল কলেজৰ পৰা মেট্ৰিক উত্তীৰ্ণ হয়। মালৱীয়ৰ পৰিয়ালে যথেষ্ট আৰ্থিক সংকটত ভুগিছিল। হেৰিচন কলেজৰ অধ্যক্ষই এটা বৃত্তি অনুমোদন কৰাত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা তেখেতে বি.এ. সমাপ্ত কৰে। মালৱীয়ই সংস্কৃতত স্নাতকোত্তৰ কৰাৰ মন মেলিছিল যদিও পাৰিবাৰিক অৱস্থাৰ বাবে সম্ভৱ হোৱা নাছিল আৰু তেখেতৰ পিতৃয়ে তেখেতে পাৰিবাৰিক বৃত্তি ভাগৱত আবৃত্তিৰ কাম কৰাটো বিচাৰিছিল। ১৮৮৪ চনত মদন মোহন মালৱীয়ই এলাহাবাদৰ চৰকাৰী হাইস্কুলত সহকাৰী শিক্ষক ৰূপে কৰ্মজীৱন আৰম্ভ কৰে। ব্যক্তিগত জীৱন সেই সময়ৰ পৰাম্পৰা অনুসাৰে মালৱীয়ই ১৮৭৮ত মাত্ৰ ষোলবছৰ বয়সতে মিৰ্জাপুৰৰ কুন্দন দেৱীক বিয়া কৰায়। দম্পত্তীহালে ৫ জন পুত্ৰ আৰু ৫জনী জীয়ৰীক জন্ম দিছিল। মালৱীয়ৰ মালৱা অঞ্চলৰ সৈতে গভীৰ সংযোগ আছিল আৰু ইন্দোৰত ভালেমান সামাজিক কৰ্ম কৰিছিল। তেখেত আছিল ইন্দোৰৰ শ্ৰীগড় বিদ্যা মন্দিৰৰ প্ৰতিষ্ঠাপক সদস্য। তেখেতৰ কনিষ্ঠ পুত্ৰ গোৱিন্দ মালৱীয় (১৯০২-১৯৬১) এজন মুক্তি যুঁজাৰু আৰু ভাৰতীয় সংসদৰ সদস্য আছিল। গোৱিন্দ মালৱীয় কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যও হৈছিল। ৰাজনৈতিক জীৱন ১৮৮৬ চনৰ ডিচেম্বৰ মাহত মালৱীয়ই কলকাতাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত অংশগ্ৰহণ কৰে। দাদাভাই নৌৰজীৰ অধ্যক্ষতাত অনুষ্ঠিত অধিৱেশনখনিত তেওঁ কাউন্সিলত প্ৰতিনিধিত্ব কৰাৰ সম্পৰ্কে ভাষণ আগবঢ়ায়। তেওঁৰ ভাষণে অধ্যক্ষ নৌৰজীৰ উপৰিও এলাহাবাদৰ কালাকংকৰ প্ৰদেশৰ শাসনকৰ্তা ৰাজা ৰামপাল সিঙকো অভিভূত কৰে। ৰামপাল সিঙে হিন্দুস্তান নামেৰে এখন হিন্দী সাপ্তাহিক কাকত উলিয়াইছিল আৰু কাকতখন সাপ্তাহিকৰপৰা দৈনিক কৰিবৰ বাবে এজন উপযুক্ত সম্পাদকৰ সন্ধানত আছিল। ১৮৮৭ চনৰ জুলাই মাহত তেওঁ বিদ্যালয়ৰ চাকৰি এৰি ৰাষ্ট্ৰীয় সাপ্তাহিক কাকতখনৰ সম্পাদক হিচাপে যোগদান কৰে। আঢ়ৈ বছৰ কাকতখনৰ লগত কাম কৰি তেওঁ আইন শিক্ষা ল'বলৈ এলাহাবাদলৈ যায়। ইয়াতে তেওঁ দ্য ইণ্ডিয়ান ইউনিয়ন নামৰ ইংৰাজী দৈনিক কাকতখনৰ সহ-সম্পাদনাৰ বাবে প্ৰস্তাৱ পায়। আইন শিক্ষা সাং কৰি তেওঁ ১৮৯১ চনত এলাহাবাদ জিলা আদালতত ওকালতি আৰম্ভ কৰে আৰু ১৮৯৩ চনৰ ডিচেম্বৰ মাহত এলাহাবাদ উচ্চ ন্যায়ালয়লৈ যায়। ১৯০৯ আৰু ১৯১৮ চনত মালৱীয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধ্যক্ষ হয়। তেওঁ এজন নৰমপন্থী নেতা আছিল আৰু ১৯১৬ চনৰ লক্ষ্ণৌ চুক্তিৰ অধীনত মুছলমানৰ বাবে বেলেগ ব্যৱস্থাৰ বিৰোধিতা কৰিছিল। মহাত্মা গান্ধীয়ে তেওঁক মহামনা উপাধি প্ৰদান কৰে। শিক্ষা আৰু সামাজিক কৰ্মত মনোনিবেশ কৰিবলৈ মালৱীয়ই ১৯১১ত সু-প্ৰতিষ্ঠিত আইনৰ জীৱিকা ত্যাগ চিৰকাললৈ ত্যাগ কৰে আৰু ভাৰতীয় পৰম্পৰাৰ সন্ন্যাস ব্ৰত ধাৰণ কৰি সমাজৰ সহায়-সমৰ্থনত জীয়াই থকাৰ পণ লয়। কিন্তু চৌৰী-চৌৰা মোকৰ্দমাত ১৭৭জন স্বাধীনতা সংগ্ৰামীৰ ফাঁচীৰ আদেশ হোৱাত তেখেত আদালতত পদাৰ্পণ কৰি ১৫৬জন আচামীক নিৰ্দোষ সাব্যস্ত কৰে। তেখেত ১৯১২ত ইম্পেৰিয়েল লেজিচলেটিভ কাউঞ্চিলৰ সদস্য হয়। ১৯১৯ত ই চেণ্ট্ৰেল লেজিচলেটিভ এচেম্বলিলৈ ৰূপান্তৰিত হৈছিল আৰু মালৱীয় ১৯২৬লৈ ইয়াৰ সদস্য হৈ থাকে। তেখেত অসহযোগ আন্দোলনৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল; যদিও তেখেত খিলাফত আন্দোলনৰ প্ৰতি কংগ্ৰেছৰ সমৰ্থন আৰু অংশগ্ৰহণৰ ৰাজনীতিৰ বিৰোধী আছিল। ১৯২৮ চনত মালৱীয়ই লালা লাজপত ৰায়, জৱাহৰলাল নেহৰু আৰু বহুজনৰ সৈতে ব্ৰিটিছে ভাৰতৰ ভৱিষ্যত নিৰ্ণয় কৰাৰ উদ্যেশ্যে গঠন কৰা চাইমন কমিচনৰ বিৰোধিতা কৰে। “ব্ৰিটিছ ক্ৰয় কৰা” প্ৰচাৰে ইংলেণ্ডক ধুৱাই লৈ যোৱাৰ দৰে তেখেতেও ১৯৩২ চনৰ ৩০ মে’ত ভাৰততো “ভাৰতীয় ক্ৰয় কৰা” আন্দোলনত মনোনিবেশ কৰিবলৈ এখন ঘোষণাপত্ৰ জাৰী কৰিলে। তেখেতে ১৯৩০ত অনুষ্ঠিত হোৱা ঘূৰণীয়া মেজমেলত প্ৰতিনিধিত্ব কৰে। চিভিল ডিচঅবিডিয়েণ্ট মুভমেণ্ট চলি থকা সময়চোৱাত ১৯৩২ চনৰ ২৫ এপ্ৰিলৰ দিনা ৪৫০ জন কংগ্ৰেছ স্বেচ্ছাসেৱকৰ সৈতে চৰকাৰে তেখেতকো গ্ৰেপ্তাৰ কৰে। ইয়াৰ কেইদিনমান আগতে সৰোজিনী নাইডুক গ্ৰেপ্তাৰ হোৱাৰ বাবে তেখেতক সভাপতিৰ আসনত বহুওৱা হৈছিলহে। সংখ্যালঘুসকলক সুকীয়া নিৰ্বাচন মণ্ডলৰ ব্যৱস্থা যোগে আগবঢ়োৱা সাম্প্ৰদায়িক পুৰস্কাৰৰ প্ৰতিবাদকল্পে মালৱীয়ই মাধৱ শ্ৰীহৰি আনেয়েৰ সৈতে কংগ্ৰেছ ত্যাগ কৰি কংগ্ৰেছ ৰাষ্ট্ৰীয়তাবাদী পাৰ্টি গঠন কৰে। ১৯৩৪ চনত অনুষ্ঠিত হোৱা ভাৰতীয় সাধাৰণ নিৰ্বাচনত মালৱীয়ৰ দলে কেন্দ্ৰীয় সংসদৰ ১২খন আসন দখল কৰে। সাংবাদিকতা মালৱীয়ই ১৮৮৭ত হিন্দী দৈনিক কাকত “হিন্দুস্তান”ৰ সম্পাদকৰ ৰূপত সাংবাদিতাৰ বৃত্তি গ্ৰহণ কৰে। কলঙ্কাৰৰ (প্ৰতাপগড় জিলা) ৰাজা ৰামপাল সিঙে কংগ্ৰেছৰ ২য় অধিবেশনত মালৱীয়ৰ বক্তৃতা আৰু ব্যক্তিত্বৰ দ্বাৰা প্ৰভাৱান্বিত হৈ তেওঁক দায়িত্বভাৰ দিছিল। ১৮৮৯ত তেওঁ “ইণ্ডিয়ান ইউনিয়ন”ৰ সম্পাদক হয়। লক্ষ্ণৌৰ “এডভোকেট” কাকতৰ সৈতে “ইণ্ডিয়ান ইউনিয়ন”ক চামিল কৰাৰ পছত মালৱীয়ই তেখেতৰ নিজৰ হিন্দী কাকত “অভ্যুদয়” আৰম্ভ কৰে। ১৯০৭ৰ পৰা ১৯০৯ চনলৈ তেখেতে সম্পাদনা কৰে। ১৮৮৩-৮৪ চনমানত মকৰন্দ ছদ্মনামত তেখেতৰ কিছুমান কবিতা “হৰিশ্চন্দ্ৰ পত্ৰিকা” আলোচনীত প্ৰকাশ পায়। আন কিছুমান ধৰ্মীয় আৰু সমকালীন বিষয়ক প্ৰবন্ধ “হিন্দী প্ৰদীপ”ত প্ৰকাশিত হয়। ১৯০৮ত ব্ৰিটিছ চৰকাৰে প্ৰেছ এক্ট আৰু নিউজপেপাৰ এক্ট আনিবলৈ চেষ্টা কৰাত মালৱীয়ই ইয়াৰ বিৰুদ্ধে প্ৰচাৰ আৰম্ভ কৰে আৰু এলাহাবাদত এখন অখিল ভাৰতীয় সন্মিলনৰ আহ্বান কৰে। তেতিয়াই তেখেতে উপলব্ধি কৰিলে যে গোটেই ভাৰত জুৰি সফল প্ৰচাৰ কৰিবলৈ এখন ইংৰাজী কাকতৰ প্ৰয়োজন। সেয়েহে তেখেতে ১৯০৯ত মতিলাল নেহৰুৰ সহযোগত ইংৰাজী দৈনিক কাকত “লিডাৰ” আৰম্ভ কৰিলে। তেখেত কাকতখনৰ ১৯০৯ৰ পৰা ১৯১১লৈ সম্পাদক আৰু ১৯১১ৰ পৰা ১৯১৯লৈ প্ৰেচিডেণ্ট হৈ আছিল। ১৯১০ত তেখেতে হিন্দী কাকত মৰ্যাদা আৰম্ভ কৰে। ১৯২৪ চনত আৰম্ভ হোৱা হিন্দুস্তান টাইমচৰ আৰ্থিক অৱস্থা বেয়ালৈ যোৱাত নিশ্চিত মৃত্যুৰ পৰা কাকতখনক বচাবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা লালা লাজপত ৰায়, এম.আৰ. আয়েঙ্গাৰ, উদ্যোগপতি ঘনশ্যাম দাস বিৰলাৰ সহযোগত মদন মোহন মালৱীয় আগবাঢ়ি আহে। তেখেতে ৫০,০০০ টকাৰ এটা পূঁজি গঠন কৰে। ইয়াৰ অধিকাংশ ধন উদ্যোগপতি ঘনশ্যাম দাস বিৰলাই বহন কৰে। মালৱীয় ১৯২৪ৰ পৰা ১৯৪৬লৈ কাকতখনৰ চেয়াৰমেন হৈ আছিল। তেখেতৰ প্ৰচেষ্টাতে ১৯৩৬ চনত হিন্দুস্তান টাইমচৰ হিন্দী সংস্কৰণ প্ৰকাশ হয়। বৰ্তমান কাকতখনৰ গৰাকী বিৰলা পৰিয়াল। ১৯৩৩ত মালৱীয়ই বিশ্ব হিন্দু পৰিষদৰ ধৰ্ম বিষয়ক আলোচনী সনাতন ধৰ্ম আৰম্ভ কৰে। আইনজীৱিৰ ৰূপত ১৮৯১ত মালৱীয়ই এলাবাবাদ আইন মহাবিদ্যালয়ৰ পৰা এল.এল.বি ডিগ্ৰী লৈ প্ৰথমে এলাহাবাদ জিলা আদালতত আৰু ১৮৯৩ৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়ত ওকালতি কৰিবলৈ লয়। ১৯১৩ চনত তেখেতৰ ৫০তম জন্মদিৱসত জাতিৰ সেৱাৰ অৰ্থে আইনৰ বৃত্তি ত্যাগ কৰে। কাশী হিন্দু বিশ্ববিদ্যালয় ১৯১১চনৰ এপ্ৰিলত এনী বেছাণ্টে মালৱীয়ক লগ পায় বাৰণসীত এখন উমৈহতীয় হিন্দু বিশ্ববিদ্যালয় স্থাপন কৰাৰ অৰ্থে কাম কৰিবলৈ সিদ্ধান্ত লয়। ভাৰত চৰকাৰৰ পূৰ্বচৰ্ত অনুসৰি ১৮৯৮ চনত বেচান্তে স্থাপন কৰা চেণ্ট্ৰেল হিন্দু কলেজখন নতুন বিশ্ববিদ্যালয়খনৰ এটা অংশ হব বুলি বেচান্ত আৰু কলেজখনৰ অন্যান্য ন্যাসৰক্ষসকলে সন্মতি দিয়ে। তাৰে ফলস্বৰূপে ১৯১৫ চনত সংসদত “বেনাৰচ হিন্দু ইউনিভাৰচিটি বিল” পাচ হয় আৰু ১৯১৬ চনত কাশী হিন্দু বিশ্ববিদ্যালয় স্থাপিত হয়। ১৯৩৯ চনত তেখেতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য পদৱী ত্যাগ কৰে এই পদত আসীন হয় সৰ্বপল্লী ৰাধাকৃষ্ণণ; যিগৰাকী ব্যক্তি পৰৱৰ্তী কালত ভাৰতৰ ৰাষ্ট্ৰপতি হয়। সমাজসেৱা মালৱীয়ই অস্পৃশ্যতা আঁতৰোৱা আৰু হৰিজন আন্দোলনক পথ-নিৰ্দেশ দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ১৯৩৩ চনত তেখেতে সভাপতিত্ব কৰা এখন সভাতে “হৰিজন সেৱক সংঘ” গঠন কৰা হৈছিল। তেখেতে মন্দিৰবোৰত দেখা যোৱা জাতিগত হেঙাৰ আৰু অন্যান্য সামাজিক হেঙাৰ আঁতৰোৱাৰ বাবে কাম কৰিছিল। ১৯৩৯ চনৰ মাৰ্চত হিন্দু দলিত (হৰিজন) নেতা পি.এন. ৰাজভোজে ২০০জন দলিত লোকৰ সৈতে লগলাগি ৰথযাত্ৰাৰ দিনা কালাৰাম মন্দিৰত প্ৰবেশৰ বাবে দাবী জনাইছিল। মালৱীয়ই কালাৰাম মন্দিৰৰ পুৰোহিতসকলৰ উপস্থিতিত গোটখোৱা লোকসকলক দীক্ষা প্ৰদান কৰিছিল আৰু মন্দিৰত মুক্ত প্ৰবেশ কৰিবলৈ সুবিধা দিছিল। তাৰপিছত এই দলিত নেতাসকলে কালাৰাম মন্দিৰৰ ৰথযাত্ৰাতো অংশগ্ৰহণ কৰিছিল।. দলিত অধ্যুষিত অঞ্চলত তেখেতে কৰা সামাজিক কামবোৰৰ বাবে শ্ৰীগৌড় ব্ৰাহ্মণসকলে প্ৰাৰম্ভিক অৱস্থাত তেখেতক বহিষ্কাৰ কৰিছিল যদিও পিছত নিজৰ ভুল বুজি পাই মালৱীয়ক শ্ৰীগৌড় সমাজত স্থান দিছিল। স্কাউট যদিও আনুষ্ঠানিকভাবে ব্ৰিটিছ ভাৰতত স্কাউট বাংগালুৰুৰ বিচপ কটনচ্ বয়জ স্কুলত ১৯০৯ চনতে গঠিত হয়, দেশী ভাৰতীয়সকলৰ বাবে স্কাউটিং জাষ্টিচ ভিভিয়ান বোস, মালৱীয়, হৃদয়নাথ কুঞ্জুৰু, গিৰিজা শঙ্কৰ বাজপায়, এনী বেছাণ্ট আৰু জৰ্জ অৰুণ্ডালেই ১৯১৩ চনতহে আৰম্ভ কৰে। মালৱীয়ই স্কাউটিঙৰ দ্বাৰা প্ৰভাৱিত হৈ “সেৱা সমিতি” নামৰ সংগঠন এটাও গঠন কৰে। উত্তৰাধিকাৰ মালৱীয়াই “সত্যমেৱ জয়তে” শ্লোগানটো জনপ্ৰিয় কৰিছিল। এলাহাবাদ, লক্ষ্ণৌ, দিল্লী, ভূপাল, দূৰ্গ আৰু জয়পুৰৰ মালৱীয় নগৰ তেখেতৰ নামেৰে নামকৰণ কৰা হৈছিল। জব্বলপুৰৰ মূল নগৰাঞ্চলতে অৱস্থিত এটা স্কোৱেৰক মালৱীয় চ’ক নামেৰে জনা যায়। ভাৰতীয় ডাক বিভাগে মালৱীয়ৰ সন্মানত তেখেতৰ জন্মশতবাৰ্ষিকী উপলক্ষে ১৯৬১ চনত আৰু দেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে ২০১১ চনত ডাকটিকেট মুকলি কৰিছিল। জয়পুৰৰ মালৱীয় নেচনেল ই্ন্সটিটিউত অৱ টেকন’লজী, উত্তৰ প্ৰদেশৰ গোৰখপুৰত অৱস্থিত মদন মোহন মালৱীয় ইউনিভাৰ্চিটি অৱ টেকন’লজী তেখেতৰ নামেৰে নামাঙ্কিত কৰা হৈছে। ইন্দোৰৰ শ্ৰীগৌড় বিদ্যা মন্দিৰে প্ৰতি বছৰৰে ২৫ ডিচেম্বৰত তেখেতৰ জন্মদিনটো “মহামনা দিৱস” ৰূপে উদযাপন কৰে। তেখেতে হৰিদ্বাৰৰ ‘’হৰ কী পৌৰী’’ত পবিত্ৰ গঙ্গা নদীৰ আৰতি কৰাৰ পৰম্পৰা আৰম্ভ কৰে, যি আৰতি আজিও চলি আছে। এয়া সাধাৰণ জনতাক একত্ৰিত কৰিবলৈ বাল গঙ্গাধৰ তিলকে মহাৰাষ্ট্ৰত আৰম্ভ কৰা গণেশোৎসৱৰ সমতুল্য। ভাৰতৰ তদানিন্তন ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে ভাৰতীয় সংসদৰ কেন্দ্ৰীয় ভৱনত মহামনাৰ পূৰ্ণাৱয়ৱ প্ৰতিকৃতি মুকলি কৰিছিল। ১৯৬১ চনত তেতিয়াৰ ভাৰতৰ উপৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণে কাশী হিন্দু বিশ্ববিদ্যালয়ৰ মুখ্য তোৰণৰ সন্মুখত মালৱীয়ৰ পূৰ্ণাৱয়ৱ প্ৰতিমূৰ্তি উন্মোচন কৰিছিল। সংসদ ভৱনৰ মুখ্য তোৰণৰ সন্মুখতো মালৱীয়ৰ এটা আৱক্ষ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে, যিটো ১৯৭১ চনৰ ২৫ ডিচেম্বৰত দিল্লী লেফটেনেণ্ট গৱৰ্ণৰ ডক্টৰ এ.এন. ঝাই উন্মোচন কৰিছিল। ২৫ ডিচেম্বৰ ২০০৮ত মালৱীয়ৰ জন্মদিনৰ দিনা তদানিন্তন ৰাষ্ট্ৰপতি এ.পি.জে. আবুল কালামে দিল্লীৰ ৫৩, দীনদয়াল উপাধ্যায় মাৰ্গত নেচনেল মেমোৰিয়েল অৱ মহামনা মদন মোহন মালৱীয় উন্মোচন কৰে। ২০১১ চনত প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ অধ্যক্ষতাত ভাৰত চৰকাৰৰ দ্বাৰা মালৱীয়ৰ দেৰশ বছৰীয়া জন্মজয়ন্তী পালন কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে মহামনাৰ সোঁৱৰণত কাশী হিন্দু বিশ্ববিদ্যালয়ত এটা মালৱীয় অধ্যয়ন কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ উপৰিও বৃত্তি আৰু শৈক্ষিক পুৰস্কাৰ প্ৰৱৰ্তন কৰা হব বুলি ঘোষণা কৰে। ৰ অধ্যক্ষা চোনিয়া গান্ধীয়ে মালৱীয়ৰ বিষয়ে এখন জীৱনীগ্ৰন্থ উন্মোচন কৰে।. ২৪ ডিচেম্বৰ ২০১৪ৰ দিনা ভাৰত চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ী আৰু মৰণোত্তৰ ভাবে মালৱীয়ক ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ‘ভাৰতৰত্ন’ৰে বিভূষিত কৰাৰ ঘোষণা কৰে। ৰচনাৰাজি ছপা কৰোঁতা- চি.ৱাই. চিন্তামণি, ১৯১৮ প্ৰকাশক ১৯১৯. জীৱনী লেখক- 1948. লেখক- 1962. লেখক- 1977. লেখক- 1978. লেখক- কাশী হিন্দু বিশ্ববিদ্যালয়, ১৯৮৫। লেখক- ৰাম বক্সী, অনমোল পাব্লিকেচনচ্, ১৯৮৯ 81-7041-142-4. লেখক- ৰাম বক্সী, অনমোল পাব্লিকেচনচ্, ১৯৯১. 81-7041-429-6. লেখক- সীতাৰাম চতুৰ্বেদী, প্ৰকাশন বিভাগ, ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়, ১৯৯৬, 81-230-0486-9. লেখক- এচ.কে.মাইনী,কে. চন্দ্ৰামৌলী আৰু বিশ্বনাথ পাণ্ডে, মহামনা মালৱীয় ন্যাস, ২০০৯ বাহ্যিক সংযোগ তথ্য উৎস বাহ্যিক সংযোগ ভাৰত ৰত্ন বঁটা বিজয়ী ভাৰতৰ
66370
https://as.wikipedia.org/wiki/%E0%A6%97%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%97%E0%A7%80
গাৰ্গী
গাৰ্গী বাচকন্বী প্ৰায় খ্ৰীষ্টপূৰ্ব ৯মৰ পৰা ৭ম শতিকা) এগৰাকী প্ৰাচীন ভাৰতীয় দাৰ্শনিক আছিল। বৈদিক সাহিত্যত তেওঁক এগৰাকী মহান প্ৰাকৃতিক দাৰ্শনিক হিচাপে সন্মানিত কৰা হয়, বেদৰ প্ৰসিদ্ধ ব্যাখ্যাকৰক, আৰু ব্ৰহ্মবিদ্যাৰ জ্ঞান থকা ব্যক্তি হিচাপে ব্ৰহ্মবাদিনী বুলি জনা যায়। বৃহদাৰণ্যক উপনিষদৰ ষষ্ঠ আৰু অষ্টম ব্ৰহ্মণম মতে বিদেহৰ ৰজা জনকৰ দ্বাৰা আয়োজিত এক দাৰ্শনিক তৰ্ক ব্ৰহ্মযজ্ঞত অংশগ্ৰহণ কৰা হিচাপে তেওঁৰ নামৰ বিশিষ্ট উল্লেখ পোৱা যায়। তেওঁ এই ব্ৰহ্মযজ্ঞত আত্মাৰ বিষয়ত জটিল প্ৰশ্নৰে ঋষি যাজ্ঞবল্ক্যক প্ৰত্যাহ্বান জনাইছিল। তেওঁ ঋকবেদৰ বহুতো শ্লোক ৰচনা কৰিছিল। তেওঁ জীৱন ব্ৰহ্মচাৰ্য পালন কৰিছিল। গৰ্গৰ ঋষিৰ (খ্ৰীষ্টপূৰ্ব ৮০০-৫০০) বংশৰ বাচকন্ব ঋষিৰ কন্যা গাৰ্গীক তেওঁৰ দেউতাক আৰু ঋষি গৰ্গৰ নামেৰে গাৰ্গী বাচকন্বী হিচাপে নামকৰণ কৰা হৈছিল। সৰুৰে পৰাই তেওঁ বৈদিক শাস্ত্ৰৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিছিল আৰু দৰ্শনৰ ক্ষেত্ৰত অতি দক্ষ হৈ পৰিছিল। বৈদিক কালত তেওঁ বেদ আৰু উপানিষদত অত্যন্ত জ্ঞানী হৈ পৰিছিল আৰু আন দাৰ্শনিকসকলৰ সৈতে বৌদ্ধিক বিতৰ্ক কৰিছিল। প্ৰাৰম্ভিক জীৱন গাৰ্গী জীৱনকাল আনুমানিক খ্ৰীষ্টপূৰ্ব নৱমৰ পৰা সপ্তম শতিকা আছিল। তেওঁৰ পিতৃ আছিল বাচকন্ব ঋষি। ঋষি বাচকন্ব গৰ্গ ঋষিৰ বংশধৰ আছিল গাৰ্গীৰ নাম দেউতাক আৰু ঋষি গৰ্গৰ নামেৰে গাৰ্গী বাচকন্বী হিচাপে নামকৰণ কৰা হৈছিল। সৰুৰে পৰাই তেওঁ অতি বুদ্ধিমতী আছিল। তেওঁ বেদ আৰু শাস্ত্ৰৰ জ্ঞান অৰ্জন কৰিছিল আৰু দৰ্শনৰ ক্ষেত্ৰত তেওঁৰ দক্ষতাৰ বাবে প্ৰসিদ্ধ হৈছিল। তেওঁ আনকি জ্ঞানত পুৰুষক অতিক্ৰম কৰিছিল পৰৱৰ্তী জীৱন গাৰ্গী, বেদভা প্ৰতিথৈ আৰু মৈত্ৰেয়ী উপনিষদত উল্লিখিত বিশিষ্ট মহিলাসকলৰ অন্যতম। তেওঁ বৈদিক কালৰ পুৰুষৰ দৰে বেদ আৰু উপানিষদত জ্ঞানী আছিল আৰু বিতৰ্কত পুৰুষ-দাৰ্শনিকসকলক ভালদৰে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিছিল৷ অশ্বল্যায়নৰ গৃহ সূত্ৰসমূহত তেওঁৰ উল্লেখ পোৱা যায়। তেওঁ এগৰাকী আগশাৰীৰ পণ্ডিত আছিল যিয়ে শিক্ষা প্ৰচাৰৰ বাবে সমৃদ্ধ অৱদান আগবঢ়াইছিল। গাৰ্গীয়ে গৰ্গ ঋষিৰ ওচৰত দৰ্শনৰ শিক্ষা লাভ কৰিছিল। মিথিলাৰ ৰজা জনকৰ দৰবাৰত গাৰ্গীক নৱৰত্ন) হিচাপে সন্মানিত কৰা হৈছিল। গাৰ্গী-যাজ্ঞবল্ক্য সংবাদ বৃহদাৰণ্যক উপনিষদৰ মতে প্ৰাচীন ভাৰতৰ বিদেহ (মিথিলা) ৰাজ্যৰ ৰজা জনক দৰ্শনৰ বৰ গুণগ্ৰাহী আছিল। তেওঁ ৰাজসুয় যজ্ঞ পাতি ওচৰ-পাজৰৰ পণ্ডিতমণ্ডলীক নিমন্ত্ৰণ কৰিছিল আৰু যি তৰ্কযুদ্ধত জিকিব তেওঁক একহাজাৰ গাই গৰু পুৰস্কাৰ দিব বুলি ঘোষনা কৰিছিল আৰু গাইবোৰৰ শিংবোৰ দহতোলা দহতোলা সোণেৰে বন্ধোৱা আছিল। তৰ্ক আৰম্ভ হোৱাৰ আগতেই ঋষি যাজ্ঞবল্ক্যই এজন শিষ্যক সকলো গাই নিজৰ আশ্ৰমলৈ নিবলৈ আদেশ দিলে। এই কথাত অন্যান্য পণ্ডিতসকল ক্ষুণ্ণ হ'ল। যাজ্ঞবল্ক্যই মধুৰ বচনেৰে ক'লে যে গাইখিনি তেওঁৰ প্ৰয়োজন হৈছে। তেতিয়া ৰজাই যাজ্ঞবল্ক্যৰ লগত তৰ্ক কৰিবলৈ আঁঠগৰাকী পণ্ডিত নিজেই নিৰ্বাচিত কৰি দিলে। এই আঠ গৰাকীৰ ভিতৰত মহিলা একমাত্ৰ গাৰ্গীয়েই আছিল আৰু তেওঁৰ ক্ৰমিক নম্বৰ আছিল সাত। এজন এজনকৈ সেইদিনৰ বিখ্যাত পণ্ডিত অশ্বল, অৰ্থভাগ, ভূজ্য, উদ্দালক, উষস্ত সহ সাতজনক যাজ্ঞবল্ক্যই সহজেই পৰাস্ত কৰিলে। প্ৰথমে ঋষি অশ্বলে প্ৰশ্ন কৰিলে,-"হে ঋষি যাজ্ঞবল্ক্য, সকলো জীৱ মৃত্যুৰ অধীন, তেনেহ'লে মৃত্যুৰ পৰা সাৰিবৰ উপায় কি? যাজ্ঞবল্ক্যই উত্তৰ দিলে,-"অগ্নি আৰু বাক্যৰ দ্বাৰা। কাৰণ বাক্যই যজ্ঞৰ হোতা, বাক্যই অগ্নি, বাক্যই মুক্তিৰ উপায়। শেষত গাৰ্গীৰ পাল পৰিল। হাঁহি মুখে গাৰ্গীয়ে ঘোষণা কৰিলে যে পৰাজিত হ'লে তেওঁ আনন্দেৰে ঋষি যাজ্ঞবল্ক্যৰ শ্ৰেষ্ঠত্ব মানি লব। যাজ্ঞবল্ক্যক হৰুৱাব পৰা পণ্ডিত লোক ভাৰতত বিৰল সেইকথা গাৰ্গীয়েও ভালকৈ জানিছিল। তাৰপিছত বিখ্যাত গাৰ্গী-যাজ্ঞবল্ক্য সংবাদ আৰম্ভ হৈছিল। এই গোটেই আলোচনাত গাৰ্গীয়ে ঋষিক 'হে ঋষি যাজ্ঞবল্ক্য'আৰু ঋষিয়েও গাৰ্গীক 'ভদ্ৰে বিদুষী গাৰ্গী' বুলি সম্বোধন কৰিছিল। গাৰ্গীয়ে পৃথিৱীৰ সৃষ্টিতত্ত্বৰ ওপৰত প্ৰথমে প্ৰশ্ন কৰিলে। এই কথাৰ কোনো উত্তৰ দিব নোৱাৰি যাজ্ঞবল্ক্য খঙত ক'ব নোৱাৰা হৈ পৰিল। গাৰ্গীৰ নিৰ্ভয়তা দেখি যাজ্ঞবল্ক্যই খঙেৰে ক'লে,-"আপুনি মনে মনে থাকক ভদ্ৰমহিলা গাৰ্গী, আৰু প্ৰশ্ন নকৰিব। বেদৰ নিয়ম আপুনি লঙ্ঘন কৰিছে। আৰু জানিব বিচাৰিলে আপোনাৰ মূৰটো খহি পৰিব। আপুনি মানসিক ভাৰসাম্য হেৰুৱাব।" যাজ্ঞবল্ক্যৰ নিচিনা এজন জ্ঞানী ঋষিয়েও গাৰ্গীক নাৰী হিচাবেহে চালে শেষত। নিজৰ সমকক্ষ এজন ঋষিৰ দৃষ্টিৰে নাচালে। যাজ্ঞবল্ক্যৰ কথাত স্তম্ভিত হৈ গাৰ্গীয়ে আৰু একো নকৈ বহি পৰিল। অন্য পণ্ডিতসকলে যাজ্ঞবল্ক্যক প্ৰশ্ন নকৰি আগতেই পৰাজয় স্বীকাৰ কৰি ল'লে৷ তাৰপিছতেই উদ্দালক উঠিল। তেওঁ বহোঁতেই গাৰ্গী আকৌ উঠিল। যাজ্ঞবল্ক্যৰ আগত দ্বিতীয় বাৰ উঠাৰ সাহস কাৰোৱেই নাছিল। কিন্তু গাৰ্গী আছিল অসামান্য বেদজ্ঞানী। ব্ৰাহ্মণ সকলক বন্দনা কৰি তেওঁ ক'লে আপোনালোকে অনুমতি দিলে মই আৰু দুটা প্ৰশ্ন ঋষি যাজ্ঞবল্ক্যক কৰোঁ। তাৰ উত্তৰ দিব পাৰিলেই বুজা যাব যাজ্ঞবল্ক্য আমাৰ মাজত সকলোতকৈ শ্ৰেষ্ঠ। সভাৰ সকলো পণ্ডিতেই অনুমতি দিলে আৰু গাৰ্গীয়ে যাজ্ঞবল্ক্যক প্ৰশ্ন কৰিলে, এই জ্ঞানেই প্ৰকৃত অনন্ত। ছান্দোগ্য উপনিষদৰ সপ্তম অধ্যায়ত এইখিনি উল্লিখিত আছে। গ্ৰন্থৰাজি তথ্য উৎস বাহ্যিক সংযোগ মহিলা দাৰ্শনিকসকল গাৰ্গী, প্ৰথম মহিলা দাৰ্শনিক ভাৰতীয়
60803
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A7%82%E0%A6%AA%E0%A6%AE%20%E0%A6%AD%E0%A7%82%E0%A6%9E%E0%A6%BE
ৰূপম ভূঞা
ৰূপম ভূঞা অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক। তেওঁ অসমীয়া ভাষাভাষাৰ বাহিৰেও হিন্দী,বাংলা,ৰাজস্থানী আদি ভাষাত গীত গাইছে। ইয়াৰ উপৰি তেখেতে উত্তৰ-পূৱৰ কুকি ভাষাতো গীত গাইছে লগতে চাহ-বাগানৰ গীতো গাইছে। তেওঁ নৰ্থ-ইষ্ট ব্ৰীজ নামৰ এটা বেণ্ডৰ অন্যতম সদস্য। কটন কলেজত দুবাৰকৈ শ্ৰেষ্ঠ গায়কৰ খিতাপ লাভ কৰা ৰূপম ভূঞাই ২০০৯ চনত আইডিয়া ৰকচ্ ইণ্ডিয়া নামৰ অনুষ্ঠানত তেওঁৰ ‘নৰ্থ-ইষ্ট ব্ৰীজ’ নামৰ দলটোৰে অংশ লৈ দ্বিতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল। অসমৰ সাংগীতিক ক্ষেত্ৰখনত গীতি সাহিত্যৰ সু প্ৰয়োগ আৰু মাৰ্জিত সংগীত উপস্থাপনৰ ক্ষেত্ৰত ৰূপম ভূঞাৰ নাম প্ৰনিধানযোগ্য। জন্ম ১৯৮০ চনৰ ৬ মাৰ্চত গুৱাহাটীত ৰূপম ভূঞাৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম গৌৰীকান্ত ভূঞা আৰ মাতৃৰ নাম চাৰু মেধি। শিক্ষা নতুন ফটাশিল টাউন হাইস্কুলৰপৰা ১৯৯৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হয়। ১৯৯৯ চনত কটন কলেজৰপৰা কলা শাখাত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উৰ্ত্তীৰ্ণ হয়। কটন কলেজৰ পৰা ২০০২ চনত ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ২০০৪ চনত পাব্লিক এডমিনিষ্ট্ৰেচন বিষয়ত মধ্য প্ৰদেশৰ অৱধেশ প্ৰতাপ সিং বিশ্ববিদ্যালয়ৰপৰা স্নাতেকাত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত (বি.আৰ.এম. গভ্ট ল’ কলেজ) পৰা তেখেতে ২০০৮ চনত এল.এল.বি. ডিগ্ৰী লাভ কৰে। বি. মিউজ, ভাতখাণ্ডে সংগীত বিদ্যালয়, লখ্নৌ, ১৯৯২ এম. মিউজ, নিখিল ভাৰতীয় সংগীত পৰিষদ, কলকাতা, ২০০৮ সাংগীতিক জীৱন ৰূপম ভূঞাৰ মাতৃয়েই প্ৰথমতে তেওঁক সংগীতজগতখনৰ লগত পৰিচয় কৰাই দিয়ে আৰু সংগীতৰ গুৰুৰ ওচৰলৈ লৈ যায়। ১৯৯৮ চনত ৰূপম ভূঞাই প্ৰথম আকাশবাণী গুৱাহাটী কেন্দ্ৰত গীত পৰিৱেশন কৰে। কিন্তু কটন কলেজত পঢ়ি থকা সময়তে তেওঁ সংগীতজগতখনলৈ বেছি আকৰ্ষিত হ'বলৈ ধৰিলে। কটন কলেজত থাকোঁতেই ৰূপম ভূঞাই দুবাৰকৈ শ্ৰেষ্ঠ সংগীত শিল্পীৰ টা লাভ কৰে আৰু কটন কলেজক প্ৰতিনিধিত্ব কৰি বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনে। বিশেষকৈ বিভিন্ন মঞ্চত শাস্ত্ৰীয় সংগীত আৰু গজল পৰিৱেশন কৰি চিৰিয়াচ সংগীতৰ বাবে এটা চিনাকি নাম হ’বলৈ ধৰে ৰূপম ভূঞা। নৰ্থ-ইষ্ট ব্ৰীজ এই দলটোৰ জন্ম হয় ২০০৯ চনত। গুৱাহাটী মহানগৰত। প্ৰতিষ্ঠাকালৰ শিল্পীসকল হৈছে- ৰূপম ভূঞা, প্ৰীয়াংকু বৰদলৈ, অনুপম নাথ, ত্ৰিদিপ বসুমতাৰী, আনোৱাৰ হুছেইন, বিৰাজ বৈশ্য আৰু বিদ্যুত বিকাশ বৰদলৈ। বৰ্তমানৰ সক্ৰীয় সদস্যসকল হ’ল-ৰূপম ভূঞা, ত্ৰিদিপ বসুমতাৰী, বিৰাজ বৈশ্য আৰু বিদ্যুত বিকাশ বৰদলৈ, সুমিত বৰুৱা, ৰাকেশ বাৰো আৰু চন্দন জ্যোতি হাজৰিকা। এই দলটোৱে ২০০৯ চনত কালাৰ্ছ টিভিয়ে আয়োজন কৰা ‘আইডিয়া ৰকচ্ ইণ্ডিয়া’শীৰ্ষক প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। দলটোৰ দ্বাৰা প্ৰযোজিত এলবামসমূহ হ’ল- ধ্বনি (২০১০), ৰিফ্লেকচন (২০১১), গ্ৰুভ (২০১৪) আৰু ইক’জ (২০১৭)। নৰ্থ-ইষ্ট ব্ৰীজৰ এৱাৰ্ডৰ তালিকা ইয়ং এচিভাৰ্চ এৱাৰ্ড, ২০১৩ গপ্-চপ মিউজিক এৱাৰ্ড, ২০১৮ প্ৰাইড ইষ্ট এৱাৰ্ড, ২০১৭ চলচ্চিত্ৰ ৰূপম ভূঞাই কণ্ঠ দিয়া অসমীয়া চলচ্চিত্ৰসমূহ হ’ল- আকাশ চুবলৈ মন, মমতাজ, অনুৰাধা, ক্ষোভ, মাজৰাতিৰ কেতেকী, টি. আৰ. পি., শৃংখল, মহাসমৰ, সূৰ্য, কোঁৱৰপুৰৰ কোঁৱৰ,ৰাফ্ এণ্ড টাফ, ক্ৰোধ আদি। বাংলা ৰূপম ভুঞাই কণ্ঠ দিয়া বাংলা চলচিত্ৰসমূহ হ’ল- চৌধুৰী ৰাজবাড়ী আৰু গধূলি বেলা কানাড়া ৰূপম ভুঞাই কণ্ঠ দিয়া কানাড়া চলচিত্ৰখন হ’ল-অভ্যুদয়া নিজা এলবাম অসমীয়া এলবাম ৰোমণ্ঠন, ২০০৭ গীতসমূহ- বৰ্তমান ইণ্টাৰনেটত উপলব্ধ নহয়৷ ৰূপমৰ পৰশ, ২০১০ গীতসমূহ-সোণাৰু ফুলিলে, তোমাৰ ভাৱনাই, কিয়নো দিলা প্ৰেম, প্ৰথম চাৱনিতে, তোমাৰ চকুৰ, সৰতৰ জোনাক, পৰেনে মনত ছাঁ-পোহৰৰ খেলা, ২০১৩ গীতসমূহ- বৰষা তোমাৰ, দেখা হ’ল, বিদিশাৰে নিশাটি, পাৰ হৈ অহা, ডাৱৰ সৰকি, তুমি যে আহিলা, কিনো দিলা বাকি বিচাৰি আঁত, ২০১৫ গীতসমূহ-বিচাৰি আঁত, এনেকৈয়ে, গধূলি আহিল, চিৰিং কৈ, বাটত, চকুত তোমাৰ ছায়া-ছঁবি, চেপ্তাৰ-১, ২০২২ গীতসমূহ- বেলি যায়, বাট পাহৰা, জিৰালেহি, তোমাৰ সুৰভিৰে আনৰ প্ৰযোজনাত এন্ধাৰে-জোনাকে, ২০১৭ গীতসমূহ-তুমি লিখা, দুটি জীৱন, লাহে-লাহে, বহুবাৰ,দুবাহুৰ, এবাৰ মাথোঁ শুভকামনা, ২০১৯ গীতসমূহ- শুভকামনা একাজলি, সৰু সৰু সৰু, আবেলিৰ অ’ আকাশ, অনন্ত অপেক্ষা, বন কুকুহা, ফাগুনৰে আকাশক বাংলাৰ নিজা প্ৰযোজনা কিছু গান কিছু আৱেশ, ২০১৭ গীতসমূহ- জোনাকী হৈয়ে, এই আমি, কি যে জীৱন, ভৰেৰ আলো,চুৰেৰ পাখা, বৰষা ৰাণীৰ ৰূপ দেখেছি মানুষ খোজে বেড়াই, ২০১৯ গীতসমূহ- আমি মানুষ খোজে, ভৰেৰ সূৰ্য, কিছু কথা, তোমাৰ ঠিকানা, আজ অস্তিত্বেৰ, আগেৰ মত, ধোৱাচা কোৱাচা, দচমাচ দচদিন কণ্ঠ দান কৰা জনপ্ৰিয় গীত ৰমেন নাথ এজন সুখী লোক, ২০২১ অ' মোৰ সুৰৰে ডিঙৰা, ২০২০ (গীতৰ কথা আৰু সুৰ মিন্টু কুমাৰ নাথ, শ্ৰেষ্ঠ গীতিকাৰ বঁটা) ধূলিৰ ধেমালি, ২০২২ মৌন পৃথিৱীত শুভকামনা একাজলি বৰষুণ, ২০২১ আদি টা/সন্মান নৰ্থ ইষ্ট আইড’ল, ২০০৬ সুৰ-সন্ধান, ২০০৭ প্ৰাগ্ চিনে এৱাৰ্ড, ২০১৩ ৰামধেনু ভিউৱাৰ্ছ চয়্জ এৱাৰ্ড, ২০১৩ ইয়ং এচিভাৰ্চ এৱাৰ্ড, গুৱাহাটী ৰটাৰী ক্লাৱ, ২০১৪ ৰ’দালী এৱাৰ্ড, ২০১৪ ইয়ং এচিভাৰ্চ এৱাৰ্ড, ২০১৫ প্ৰাগ্ চিনে এৱাৰ্ড, ২০১৭ গপ্ চপ্ মিউজিক এৱাৰ্ড, ২০১৮ বিজু ফুকন এৱাৰ্ড, ২০১৯ তথ্যসূত্ৰ বাহ্যিক সংযোগ অসমৰ ব্যক্তি অসমীয়া কণ্ঠশিল্পী জীৱিত
66397
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A6%BE%20%E0%A6%B8%E0%A7%81%E0%A7%B0%E0%A7%87%E0%A6%B6
অমৃতা সুৰেশ
অমৃতা সুৰেশ (জন্ম: ২ আগষ্ট, ১৯৯০) হ'ল এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, কম্পজাৰ, গীতিকাৰ আৰু ৰেডিঅ' জ'কি। এছিয়ানেটত ২০০৭ চনত অনুষ্ঠিত ৰিয়েলিটি টিভি সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণৰ পাছত তেওঁ জনপ্ৰিয় হৈ পৰে। তেতিয়াৰেপৰা তেওঁ কেইবাখনো চিনেমা আৰু মিউজিক এলবামত কাম কৰিছে। ৰেডিঅ' সুনৌ নাইনটি ওৱান পইণ্ট চেভেনৰ সংগীত অনুষ্ঠান সুনৌ মেলডিজৰ তেওঁ এগৰাকী বিখ্যাত হস্তী। ২০১৪ চনত তেওঁ অমৃতম গময় নামেৰে এটি মিউজিক বেণ্ড আৰম্ভ কৰে, য'ত অমৃতা আৰু তেওঁৰ ভগ্নী অভিৰামি সুৰেশ লীড ভকেলিষ্ট আছিল। প্ৰাৰম্ভিক জীৱন ১৯৯০ চনৰ ২ আগষ্ট তাৰিখে সংগীতকাৰ পি আৰ সুৰেশ আৰু লেইলাৰ ঘৰত অমৃতাৰ জন্ম হয়। অমৃতাৰ দেউতাক সুৰেশ হিন্দু আৰু মাক লেইলা খ্ৰীষ্টিয়ান আছিল। তেওঁতকৈ পাঁচ বছৰে সৰু তেওঁৰ ভগ্নীৰ নাম হ'ল অভিৰামি সুৰেশ। তেওঁলোক কোচিৰ ইৰাপল্লীৰ। পৈতৃক সূত্ৰে সংগীতকাৰৰ পৰিয়ালত জন্ম হোৱা বাবে অমৃতাৰ সৰুৰেপৰা সংগীতৰ প্ৰতি অনুৰাগ আছিল। ডিয়ন আৰু মাইকেল জেকছনৰ পাৰা অনুপ্ৰাণিত হৈ তিনি বছৰ বয়সৰেপৰা অমৃতাই গান গাবলৈ আৰম্ভ কৰে। পঢ়া-শুনাতো তেওঁ ভাল আছিল আৰু বিদ্যালয়ত শীৰ্ষস্থান অধিকাৰ কৰিছিল। তথাপি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত তেওঁ দূৰদৰ্শনৰ ৰিয়েলিটি শ্ব' আইডিয়া ষ্টাৰ চিংগাৰত অংশগ্ৰহণ কৰিবলৈ পঢ়া স্থগিত ৰাখে। শেষত অনানুষ্ঠানিক ভাবে তেওঁ পঢ়া শেষ কৰে। কৰ্মজীৱন সংগীত সৰুতেই মঞ্চ অনুষ্ঠান পৰিৱেশন কৰি অমৃতাই তেওঁৰ সংগীতকাৰ পৰিয়ালটোক প্ৰতিনিধিত্ব কৰিছিল। সাত বছৰ বয়সতে তেওঁ নাদিৰছাহৰ মঞ্চ অনুষ্ঠানত শিশু শিল্পী ৰূপে গীত পৰিৱেশন কৰিছিল। টেলিভিচনৰ আইডিয়া ষ্টাৰ চিংগাৰ ৰিয়েলিটি শ্ব'ত ভাগ লৈ অমৃতাই চিনেমাত গীত গোৱাৰ পথ প্ৰশস্ত কৰিছিল। তেতিয়াৰপৰাই তেওঁ মালয়ালম চলচ্চিত্ৰৰ বাবে গীত গাইছে। নেপথ্য কণ্ঠশিল্পী ৰূপে পুল্লিমান তেওঁৰ প্ৰথম চিনেমা। আগাথান(২০১০) চিনেমাত তেওঁ গোৱা মুন্থিৰপু গীতটিৰ গায়ন শৈলী উচ্চ প্ৰশংসিত হৈছিল। অমৃতাৰ প্ৰথমটো একক গীত অনাথে ২০১৭ চনত মুক্তি পাইছিল। গীতটি মহিলা আৰু মাতৃত্বলৈ উচৰ্গিত আছিল। থীমটোৰ বাবে গীতটিয়ে দৰ্শক-শ্ৰোতাৰ ধনাত্মক সঁহাৰি লাভ কৰে আৰু অমৃতালৈ কেইবাখনো তামিল ছবিওত অভিনয়ৰ প্ৰস্তাৱ আহে। অভিনয় কৰিবলৈ অমৃতা অমান্তি হয়। এখন কানাডিয়ান প্ৰযোজনাৰ ইংৰাজী ছবিত অভিনয় কৰাৰ প্ৰস্তাৱো অমৃতাই লাভ কৰিছিল। একে বছৰতে অমৃতাই ৰেডিঅ' সুনৌ নাইটি ওৱান পইণ্ট চেভেনত ৰেডিঅ' জ'কি ৰূপে কাম কৰিবলৈ আৰম্ভ কৰে। ২০১৯ চনত তেওঁ জুন চিনেমাত গোৱা মিন্নি মিন্নি গীতটোৰ বাবে শ্ৰেষ্ঠ গায়িকা শিতানত মাযহাভিল মিউজিক এৱাৰ্ড বঁটাৰ মনোনয়ন পায়। অন্যান্য কৃতি অমৃতাই মডেলিঙো কৰিছিল। ২০১৭ চনত জীৱন চৰ্চা আলোচনী এফ ডব্লিউ ডিৰ প্ৰচ্ছদত অমৃতাৰ ছবি প্ৰকাশ হৈছিল। কেৰালা সৌন্দৰ্য প্ৰতিযোগিতাৰ ৰেম্প্ত অমৃতাই ভাগ লৈছিল। ভণিতা আলোচনীৰ বেটুপাতটো ভগ্নীৰ সৈতে অমৃতাৰ পটো ওলাইছিল। ২০১৮ চনৰ অমৃতাই ইনষ্টাগ্ৰামত এমেজিং মি নামেৰে এটি হেশ্ব টেগ প্ৰচাৰ আৰম্ভ কৰি আত্ম সন্মানৰ বাবে মাত মাতিছিল। এই প্ৰচাৰে ৰাইজৰ ধনাত্মক সঁহাৰি লাভ কৰিছিল। ২০১৮ চনৰ ডিচেম্বৰত অমৃতা আৰু তেওঁৰ ভগ্নী অভিৰামিয়ে মিলি তেওঁলোকৰ সৃষ্টিশীল কৰ্মৰাজি প্ৰচাৰৰ বাবে অমৃতম গময় নাম দি ইউটিউবত এটা ভল্গ খুলিছিল। তাত তেওঁলোকৰ ব্যক্তিগত জীৱন, ভ্ৰমণ, সংগীত, বজাৰ-সমাৰ আদি বিভিন্ন বিষয়ে ঠাই পাইছিল। এই চিৰিজটোৱেও দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছিল। ২০২০ চনত অমৃতা আৰু অভিৰামিয়ে মালয়ালম টিভিৰ ৰিয়েলিটি শ্ব বিগ বচতো ভাগ লৈছিল। ব্যক্তিগত জীৱন অমৃতাই তেওঁ স্বামী বালাক ৱেনাল্মৰম চিনেমাৰ চেটত লগ পাইছিল য'ত তেওঁ অভিনয় কৰিছিল আৰু অমৃতা নেপথ্যৰ গায়িকা আছিল। পিছত তেওঁলোকৰ মাজত বন্ধুত্ব আৰু প্ৰেম হয়। পৰিয়ালৰ সন্মতি ক্ৰমে ২০১০ চনৰ ২৭ আগষ্ট তাৰিখে চেন্নাইত তেওঁলোক বিবাহপাশত আৱদ্ধ হয়। কোচিৰ পালাৰিৱট্টমত তেওঁলোকে থাকিবলৈ আৰম্ভ কৰিছিল যদিও ২০১৫ চনৰপৰা দুয়ো সুকীয়াকৈ থাকিবলৈ আৰম্ভ কৰে আৰু ২০১৯ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। তেওঁলোকৰ কন্যা অৱন্তিকা মাকৰ লগত থাকে। ২০১২ চনত তাইৰ জন্ম হৈছিল। অমৃতা ভ্ৰমণ বিলাসী। সংগীতৰ উপৰিও ভ্ৰমণত সময় খৰচ কৰি তেওঁ ভাল পায়। বঁটা ২০১৯ চনৰ জুন মাহত ক্ৰিয়েটিভ ফিল্ম এৱাৰ্ড, শ্ৰেষ্ঠ কণ্ঠশিল্পী (মহিলা) শিতানত ২০১৯ চনৰ জুন মাহত- ৰামু কৈৰাত সংগীত বঁটা- একক কণ্ঠ ২০১৭ চনত গায়িকা ৰূপে মাষ্টাৰ ভিজন ইণ্টাৰনেচনেল এক্সিলেন্স এৱাৰ্ড লাভ তথ্য সূত্ৰ ভাৰতৰ ব্যক্তি জীৱিত ব্যক্তি ভাৰতীয়
28202
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%87%20%E0%A6%A1%E0%A7%87%E0%A6%9A%E0%A6%A1%E0%A6%BF%E0%A6%AE%E2%80%99%E0%A6%A8%E0%A6%BE%20%E0%A6%B9%E2%80%99%E0%A6%AC%20%E0%A6%96%E0%A7%8B%E0%A6%9C%E0%A7%8B%E0%A6%81
মই ডেচডিম’না হ’ব খোজোঁ
মই ডেচডিম’না হ’ব খোজোঁ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ পটভূমিত মণিকুন্তলা ভট্টাচাৰ্য ৰচিত এখন উপন্যাস। লেখিকাই এই উপন্যাসৰ বাবে ২০০৭-২০০৯ বৰ্ষৰ অসম সাহিত্য সভাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰে। উপন্যাসখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় ২০০৭ চনৰ ডিচেম্বৰত। দ্বিতীয় সংস্কৰণ প্ৰকাশ পায় ২০০৯ চনৰ মাৰ্চ মাহত। কিতাপখনৰ প্ৰকাশক হৈছে ইলা শৰ্মা, জ্যোতি প্ৰকাশন। লেখিকাৰ চমু পৰিচয় মণিকুন্তলা ভট্টাচাৰ্য অসমৰ এগৰাকী কবিয়িত্ৰী, চুটি গল্প লেখিকা আৰু ঔপনাসিকা। তেখেতৰ প্ৰথমখন গ্ৰন্থ প্ৰস্তৰ কন্যা (২০০২) গল্প সংকলনেৰে ২০০৪ চনত মুনীন বৰকটকী বঁটা লাভ কৰিলেও লেখিকাগৰাকী প্ৰধানত এগৰাকী ঔপন্যাসিকা। তেওঁৰ দ্বিতীয় গ্ৰন্থ ’সন্ধ্যা’ (২০০৪) ছ-ভিত্তিক উপন্যাস। আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগেদিও এই উপন্যাস প্ৰচাৰ হয়। ইয়াৰ লগে লগে প্ৰকাশ পোৱা গ্ৰন্থ মণিকুন্তলাৰ কবিতা (২০০৫, কবিতা সংকলন) আৰু বহুপঠিত উপন্যাস ’অৰুন্ধতী’ (২০০৫)। সম্প্ৰতি ’অৰুন্ধতী’ হিন্দী অনুবাদেৰে গ্ৰন্থৰূপে যন্ত্ৰস্থ। ২০০৬ চনত প্ৰকাশ পায় সমকামী বিষয়কেন্দ্ৰিক উপন্যাস ’মুক্তি’, ডাইনী সমস্যাকেন্দিক উপন্যাস ’চামিয়ানা’, গ্ৰাম্য ভেটিত ৰচিত উপন্যাস ’শান্তু পাপুহঁতৰ কথাৰে’। লেখিকাৰ ’মুক্তি’ হিন্দী আৰু পঞ্জাবী ভাষালৈ আৰু ’চামিয়ানা’ বঙালী ভাষালৈ অনূদিত হৈছে। ’দস্তখত’, ’যমুনা’, ’বৰদোৱানী’ আদি আন কেইখনমান উপন্যাস। ছখন উপন্যাসৰ সংকলন ’ভিভিয়ানৰ লিলি’, গদ্য সংকলন শব্দ আৰু সত্য, গল্প সংকলন ’কবিগংগা’ও প্ৰকাশ পাইছে। তদুপৰি কবিতাৰে ৰচনা কৰিছে আত্মজীৱনী ’চিত্ৰপট’। আন এখন গ্ৰন্থ মা, মেক’লে চাহাব আৰু বাঢ়ৈশালৰ পিতা। উপন্যাসৰ চৰিত্ৰসমূহ নায়িকা নয়না, অথেল’ৰ নাম ভূমিকাত অভিনয় কৰা বিজয়শংকৰ, পাৰ্থ, ৰান্ধনি নৰেশ, বয়সিয়াল পৰিচালক, বাঢ়ৈ ভোলা, নৰেশৰ যোগালী উত্তম, দৰ্জী উপেন, ভূষণ, লোপামুদ্ৰা, খনিন, যজ্ঞ (কাঠমিস্ত্ৰীৰ যোগালী), দুলু (ঘোষক), ৰুমা, বিপ্লৱ, অণিমা আৰু পাত্ৰেশ্বৰ (গায়ক-গায়িকা), মা, নয়নতৰা, ভুদভুদী, নয়নাৰ ভায়েক অমু, মামীয়েকৰ ল’ৰা দীপু, বলেন, গুণেশ্বৰ, ভদ্ৰ, ফণীধৰ, নয়নাৰ দেউতাক, মামীয়েক, থিয়েটাৰ পাৰ্টিৰ মালিক, ৰঞ্জয়, নৃত্য-নাটিকাৰ সমূহ কলা-কুশলী, থিয়েটাৰ পাৰ্টিৰ সমূহ কৰ্মীবৃন্দ, বিভিন্ন ঠাইৰ ৰাইজ আৰু অনেক। উপন্যাসৰ কাহিনীৰ সাৰাংশ ভ্ৰাম্যমাণৰ সুদীৰ্ঘ কালৰ তথ্যসমৃদ্ধ এই উপন্যাসত ভ্ৰাম্যমাণৰ কুশলীসমূহৰ জীৱনৰ আশা-আকাংক্ষা, ঘাত-প্ৰতিঘাত আৰু দৈনন্দিন জীৱনৰ কাৰ্যাৱলী উপস্থাপন কৰা হৈছে। অথেল’ আৰু ডেচডিম’নাৰ ট্ৰেজিক কাহিনীৰ আধাৰত উপন্যাসখনৰ কথাবস্তুৰ পাতনি তৰা হৈছে। উপন্যাসৰ প্ৰয়োজনতেই ইয়াত দেধাৰ চৰিত্ৰৰ সমাবেশ ঘটাইছে উপন্যাসিকাই। নয়না ইয়াৰ মূল চৰিত্ৰ। নয়না আৰু পাৰ্থৰ প্ৰেম কাহিনীৰ আঁত ধৰিয়েই উপন্যাসৰ কাহিনীভাগ আগবাঢ়িছে যদিও মুখ্যত: থিয়েটাৰ আৰু থিয়েটাৰৰ লগত সংযুক্ত কলাকুশলী আৰু সৰু-বৰ সমূহ কৰ্মকৰ্তাৰ মনোজগতৰ বিশ্লেষণ লেখিকাই ইয়াত উনুকিয়াই দিছে। কেতিয়াবা যদি নয়নাৰ এৰি অহা অতীত আৰু পাহৰিব নোৱাৰা বিষাদে উপন্যাসত ভূমুকি মাৰিছে আকৌ কেতিয়াবা আকৌ নয়নাৰ প্ৰতি ৰান্ধনিৰ যোগালি উত্তমৰ একপক্ষীয় প্ৰেমে মূৰ ডাঙি উঠিছে। কেতিয়াবা যদি নাটকৰ আখৰাই প্ৰাধান্য পাইছে কেতিয়াবা আকৌ নাটক কৰিবলৈ অহা বা নাটক পাৰ্টীত কাম কৰিবলৈ অহা কোনোৰ কোনোৰ মনৰ যাতনা অকৃত্ৰিমভাৱে প্ৰকাশ পাইছে। তাৰ মাজতে ভূষণৰ বক্তব্যৰ জৰিয়তে থিয়েটাৰৰ জন্ম ৰহস্যৰ পৰা বৰ্তমানলৈকে সমগ্ৰ থিয়েটাৰৰ ইতিহাসে নিজৰ গৌৰৱময় অস্তিত্ব জাহিৰ কৰিছে। মাজে মাজে নামনি অসমৰ কথিত ভাষাৰ প্ৰয়োগে উপন্যাসখনৰ ৰসাস্বাদনত এক অন্য মাত্ৰা প্ৰদান কৰিছে। নাটকৰ আখৰাৰপৰা আৰম্ভ কৰি গোটেই অসমতে নাট প্ৰদৰ্শন কৰি শেষ প্ৰদৰ্শনীলৈকে এচোৱা দীৰ্ঘ সময়ৰ খতিয়ান ইয়াত দাঙি ধৰা হৈছে। মাকৰ মৃত্যু যাতনা পাহৰিবলৈ আৰু দেউতাকে কৰা অপকৰ্মৰ অপমানৰ হাত সাৰিবলৈ থিয়েটাৰ কৰিবলৈ আহিছিল নয়না। সেইবছৰৰ নাটকৰ নায়িকাৰ চৰিত্ৰৰ বাবে বিবেচিত হয় নয়না। অথেল’ৰ নামভূমিকাত অভিনয় কৰে প্ৰখ্যাত অভিনেতা বিজয়শংকৰে। কুৰি বছৰীয়া নায়িকাৰ বিপৰীতে পঞ্চাশোৰ্ধৰ বিজয়শংকৰৰ অৱস্থিতিক প্ৰথমেই সন্দেহৰ চকুৰেই চায় আন আন কলা-কুশলীসকলে। বিশেষকৈ তিৰোতাসুলভ ইৰ্ষাপৰায়ণতাৰ বশৱৰ্তী হৈয়েই মুখ বাগৰি ইটো-সিটো কথা উৰি ফুৰে থিয়েটাৰৰ বাকৰিত। নয়নাৰ প্ৰেমত বলিয়া পাৰ্থ। তাৰ হিয়াৰ বতৰা নয়নাৰ ওচৰলৈ কঢ়িয়াই নিয়ে লোপামুদ্ৰাই। থিয়েটাৰ পাৰ্টীৰ গায়ক-গায়িকা অণিমা আৰু পাত্ৰেশ্বৰ। বিভিন্ন অভিজ্ঞতাৰে অভিজ্ঞ মা বয়সিয়াল অভিনেত্ৰী। অনবৰতে এক অহংবোধেৰে আবৰি ৰাখে নিজকে। নৰেশ থিয়েটাৰ পাৰ্টীৰ মূল ৰান্ধনি। ভোলা বাঢ়ৈ। দুয়ো লগলাগি নিজৰ নিজৰ জীৱনৰ দুখবোৰ ভগাব খোজে কথা বতৰাৰ মাজেৰে। ভোলাই পাহৰো বুলিও পাহৰিব নোৱাৰে পত্নীৰ প্ৰতাৰণা। বিজয়শংকৰে সকলোৰে অগোচৰে কঢ়িয়াই ফুৰে প্ৰথমা পত্নীৰ প্ৰতি কৰা অৱমাননাৰ যাতনাবোধ। উত্তমৰ বুকুত নয়নাৰ প্ৰতিমূৰ্তিয়ে ৰাজকন্যাৰ আসন দখল কৰে সকলোৰে অজানিতে। ভুদভুদী, বলেন, খনিন, দুলু, উপেন দৰ্জী, যজ্ঞ, ভদ্ৰ, বেহেলা বজোৱা ল’ৰাটো আৰু বহুতো নাটক কৰিবলে’ আহি সকলোৱে অভিনয় কৰি যায় জীৱন নাট। উল্লেখযোগ্য বঁটা আদি অসম সাহিত্য সভাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা (২০০৭-২০০৯) তথ্য সংগ্ৰহ অসমীয়া গ্ৰন্থ অসমীয়া
79569
https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A7%8B%E0%A6%95%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A7%8E%E0%A6%B8%E0%A6%BE
লোকচিকিৎসা
লোকচিকিৎসা বা পৰম্পৰাগত চিকিৎসা ()ত পৰম্পৰাগত জ্ঞানৰ চিকিৎসাগত দিশবোৰ অন্তৰ্ভুক্ত থাকে যি সমূহ আধুনিক ঔষধৰ যুগৰ আগতে বিভিন্ন সমাজৰ লোক বিশ্বাসৰ মাজত প্ৰজন্মজুৰি বিকশিত হৈছিল। লোকচিকিৎসা বুলিলে ৰোগ সম্পৰ্কিত সকলো বিশ্বাস, ৰীতি-নীতি, ধ্যান-ধাৰণা তথা ৰোগ নিৰাময় আৰু আৰোগ্য বা প্ৰতিকাৰৰ অৰ্থে গ্ৰহণ কৰা বিবিধ ব্যৱস্থা আৰু দ্ৰব্যৰ সমস্ত দিশ সামৰি লোৱা হয়। লোক-চিকিৎসা বিধিৰ পোনপটীয়াভাৱে আধুনিক চিকিৎসা বিজ্ঞানৰ ধ্যান ধাৰণাৰ সৈতে সম্পৰ্ক নাই; ই পৰম্পৰাগত বা থলুৱা চিকিৎসা। মানৱ জীৱন আৰু সমাজৰ আৰম্ভণিৰেপৰা মানুহে নিজৰ আৰু পোহনীয়া জীৱ জন্তুৰ ৰোগ নিৰায়মৰ ব্যৱস্থা কৰিবলগীয়া হৈছিল আৰু এইদৰে লোক ঔষধ বা লোক চিকিৎসা আৰম্ভ হৈছিল। প্ৰত্যেক মানৱ সমাজতে বিভিন্ন ব্যাধিৰ চিকিৎসাৰ বাবে বিভিন্ন প্ৰকাৰৰ উপায় অবলম্বন কৰি আহিছে। এনেদৰে নিজ নিজ ধৰণে সমাজ ভেদে একোটা চিকিৎসা পদ্ধতি ঠন ধৰি উঠে। বিংশ শতিকাৰ আৰম্ভণিতে নৃতত্ত্ববিদসকলে ক্ষেত্ৰ অধ্যয়নৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন সমাজ আৰু সংস্কৃতি সম্বন্ধে তথ্য সংগ্ৰহ কৰি ফুৰোঁতে বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত এইধৰণৰ কথা পোহৰলৈ আহে। প্ৰখ্যাত ইংৰাজ চিকিৎসক আৰু নৃতত্ত্ববিদ এ ১৯২৮ চনতে পোন প্ৰথমে পৰম্পৰাগত চিকিৎসাৰ বিষয়ে চিন্তা-চৰ্চা কৰে। ৰিভাৰ্চৰ মতে পৰম্পৰাগত চিকিৎসা পদ্ধতিও আন আন সামাজিক নিয়মৰ দৰে যুক্তিসংগত আচৰণ। তেওঁলোকে এই কথাও জানিব পাৰিছিল যে আদিম চিকিৎসা পদ্ধতিৰ লগত অকল সাধাৰণ চিকিৎসা পদ্ধতিয়ে জড়িত নাথাকে তাৰ লগত ধৰ্ম আৰু যাদুবিদ্যাও অংগাংগীভাৱে জড়িত থাকে। বিশ্ব স্বাস্থ্য সংস্থাই পৰম্পৰাগত ঔষধক "বিভিন্ন সংস্কৃতিৰ থলুৱা তত্ত্ব, বিশ্বাস আৰু অভিজ্ঞতাৰ ওপৰত আধাৰিত জ্ঞান, দক্ষতা আৰু অনুশীলনৰ মুঠ যোগফল" বুলি সংজ্ঞায়িত কৰে। স্বাস্থ্য ৰক্ষণাবেক্ষণৰ লগতে শাৰীৰিক আৰু মানসিক ৰোগ প্ৰতিৰোধ, ৰোগ নিৰ্ণয়, স্বাস্থ্যৰ উন্নতি বা চিকিৎসাত এই চিকিৎসা পদ্ধতিৰ ব্যৱহাৰ কৰা হয়। পৰম্পৰাগত ঔষধ প্ৰায়ে বৈজ্ঞানিক ঔষধৰ বিপৰীত। কিছুমান এছিয়ান আৰু আফ্ৰিকান দেশত, জনসংখ্যাৰ ৮০% পৰ্যন্ত লোকে তেওঁলোকৰ প্ৰাথমিক স্বাস্থ্য সেৱাৰ প্ৰয়োজনীয়তাৰ বাবে পৰম্পৰাগত ঔষধৰ ওপৰত নিৰ্ভৰ কৰে। পৰম্পৰাগত ঔষধক প্ৰায়ে এক প্ৰকাৰৰ বৈকল্পিক ঔষধ বুলি গণ্য কৰা হয়। বিশ্ব স্বাস্থ্য সংস্থাই উল্লেখ কৰিছে যে "পৰম্পৰাগত ঔষধ বা পদ্ধতিৰ অনুপযুক্ত ব্যৱহাৰে নেতিবাচক বা বিপদজনক প্ৰভাৱ পেলাব পাৰে" আৰু পৰম্পৰাগত ঔষধ প্ৰণালীৰ দ্বাৰা ব্যৱহৃত এনে পদ্ধতি আৰু ঔষধি উদ্ভিদৰ কাৰ্যকাৰীতা আৰু সুৰক্ষা নিৰ্ণয় কৰিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন। ইয়াৰ ফলস্বৰূপে, বিশ্ব স্বাস্থ্য সংস্থাই সদস্য ৰাষ্ট্ৰসমূহক সক্ৰিয় নীতি বিকশিত কৰাত আৰু কাৰ্য পৰিকল্পনা ৰূপায়ণত সহায় কৰিবলৈ ন বছৰীয়া ৰণনীতি ৰূপায়ণ কৰিছে যি জনসাধাৰণক স্বাস্থ্যৱান কৰি ৰখাত পৰম্পৰাগত ঔষধৰ ভূমিকা শক্তিশালী কৰিব। ভাগ সমূহ লোকচিকিৎসা পদ্ধতিক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়- প্ৰাকৃতিক লোকচিকিৎসা প্ৰাকৃতিক লোক চিকিৎসা বনৌষধিৰ ওপৰত নিৰ্ভৰশীল। বিভিন্ন উদ্ভিদৰ বিভিন্ন অংশ এই চিকিৎসাৰ প্ৰধান ঔষধ। এই সমূহক যুক্তিপূৰ্ণ বা ভেষজ ঔষধ আখ্যা দিয়া হয়। সাধাৰণ জ্বৰ-কাঁহ, পেটৰ অসুখ, পানী লগা, বিষ আদি ৰোগৰ ক্ষেত্ৰত প্ৰকৃতি প্ৰদত্ত সামগ্ৰী যেনে মৌ, তুলসী, আমলখি, আদা, শিলিখা, ভোমোৰা, অশ্বগন্ধা, তেঁতেলী, মানিমুনি, মধুৰীআমৰ কোঁহ, চিৰতা, নানান তৃণ, কেঁচা হালধি আদি ব্যৱহাৰৰ দ্বাৰা ৰোগ নিৰাময় সম্ভৱ। মানুহৰ বাদেও পোহনীয়া জীৱ-জন্তুৰ চিকিৎসাৰ বাবেও বিভিন্ন প্ৰকাৰৰ বনৌষধি ব্যৱহাৰ কৰা হয়। হস্তীবিদ্যাৰ্ণৱ আৰু ঘোঁৰা নিদান নামৰ পৌৰাণিক গ্ৰন্থ দুখনত ক্ৰমে হাতী আৰু ঘোঁৰাৰ বিভিন্ন ৰোগৰ লক্ষণ আৰু তাৰ প্ৰতিকাৰ বা আৰোগ্যৰ উপায় দিয়া আছে।হস্তীবিদ্যাৰ্ণৱ, সুকুমাৰ বৰকাইথে ৰচনা কৰা এখন হাতীৰ বিষয়ক পুথি। ইয়াৰ মূল সংস্কৃত গজেন্দ্ৰ চিন্তামণি। আহোম স্বৰ্গদেউ শিৱ সিংহ (১৭১৩-১৭৪৫) আৰু বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ ৰাজ অনুগ্ৰহত হস্তীবিদ্যাৰ্ণৱ ৰচনা কৰা হৈছিল। ইয়াত হাতীৰ ব্যৱস্থাপনা, ৰক্ষণাবেক্ষণ আৰু চিকিৎসাৰ বিষয়ে বিস্তৃত সচিত্ৰ বৰ্ণনা আছে। ইয়াৰ চিত্ৰ সমূহৰ বাবে হস্তীবিদ্যাৰ্ণৱ বিশেষভাৱে জনাজাত। যাদুবিদ্যাগত ধৰ্মীয় লোকচিকিৎসা যাদুবিদ্যাগত ধৰ্মীয় লোক চিকিৎসা বিশ্বাসৰ ওপৰত নিৰ্ভৰশীল। বিভিন্ন সমাজত কোনো ৰোগ ব্যাধিৰ উৎপত্তিৰ কাৰণ নিৰ্ণয় কৰিবলৈ গৈ পোনতে গনকৰ দ্বাৰা মঙল বা ঠিকনা চোওৱা, বেজৰ দ্বাৰা জৰা-ফুঁকা কৰা, মুখলগা আদিৰ কাৰণে পানী জাৰি দিয়া আদি বিভিন্ন বিশ্বাস প্ৰচলিত হৈ আছে। মঙল বা ঠিকনা চোওৱা মঙলতী বা সৰবজানে কড়ি বা ৰেখা আদিৰ সহায়ত যাদুমূলক আচৰণৰদ্বাৰা কোনজন দেৱতা বা কোনজনী দেৱীৰ, অথবা কোন অপদেৱতা বা অপদেৱীৰ যোগত ৰোগ-ব্যাধি হৈছে তাৰ নিৰ্ণয় কৰি সেই দেৱতাক বা দেৱীক বা অপদেৱতাক বা অপৱেৱীক পূজা-উপাসনা কৰিবলৈ নিৰ্দেশ দিয়ে। ৰোগ, অপায়-অমংগল নাইকিয়া কৰিবলৈ স্থানীয় দেৱ-দেৱী যেনে মনসা বা বিষহৰি, শীতলা কালী, দুৰ্গা, শিৱ, বাথৌ, বিষ্ণু আদি দেৱ-দেৱীৰ পূজা কৰা হয়। তেনেদৰে ৰোগৰ নিৰাময় কামনা কৰি বিভিন্ন অপদেৱতাক আৰু অপদেৱীক (দেও-ভূত-বীৰা) পূজা কৰাৰ পৰম্পৰা পৃথিৱীৰ বিভিন্ন জাতি জনজাতিৰ মাজত প্ৰচলিত হৈ আছে। এই অপদেৱতা আৰু অপদেৱীৰ ভিতৰত কুবেৰ, জলকুবেৰ, থলকুবেৰ, খেতৰ, খেতৰী, মুৰাকণ, যথ, যখিনী আদি উল্লেখযোগ্য। লোকচিকিৎসা আৰু লোকঔষধ হিচাপে মন্ত্ৰ প্ৰয়োগ কৰা হয়। ৰোগ-ব্যাধি নিৰায়মৰ বাবে বেজ বা কবিৰাজে স্তুতিমূলক আৰু কিসূচক মন্ত্ৰ প্ৰয়োগ কৰি যাদুমুলক ক্ৰিয়া সম্পাদন কৰিবলৈ চেষ্টা কৰে। কিছুমান মন্ত্ৰৰ দ্বাৰা কল্যাণ কামনা কৰাৰ উপৰি আনলোকৰ অকল্যাণ অপায়-অমংগল কামনাৰে মন্ত্ৰ প্ৰয়োগ কৰি, তাবিজ আদিৰ সহায়ত ৰোগীৰ ৰোগ-ব্যাধি নিৰোগী মানুহৰ গালৈ প্ৰেৰণ কৰিব পাৰি বুলিও জনসমাজত বিশ্বাস প্ৰচলিত। ডাইনী, যখিনী, শাকিনী আদিৰ ধাৰণা এইদৰে প্ৰচলিত হৈছে। অসমৰ জনজাতীয় লোক সকলে খেতিপথাৰত ছোঁ আৰি খেতিদৰা মানুহৰ নজৰৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰি বুলি বিশ্বাস কৰে। এইদৰে ছোঁৰ ব্যৱহাৰ এক যাদুমূলক ধৰ্মীয় লোক চিকিৎসা। ইতিহাস লিখিত তথ্যৰ ভিতৰত, বনৌষধিৰ অধ্যয়ন প্ৰাচীন চুমেৰিয়ানসকলৰ ৫০০০ বছৰ পুৰণি, যিয়ে উদ্ভিদৰ বাবে সুপ্ৰতিষ্ঠিত ঔষধি ব্যৱহাৰৰ বিষয়ে বৰ্ণনা কৰিছিল। প্ৰাচীন ইজিপ্তীয় ঔষধত ১৫৫২ খ্ৰীষ্টপূৰ্বৰ এবাৰচ পেপাইৰাছে লোক প্ৰতিকাৰ আৰু যাদুকৰী চিকিৎসা পদ্ধতিৰ এখন তালিকা লিপিবদ্ধ কৰিছিল। পুৰণি নিয়মত স্বাস্থ্য সম্পৰ্কীয় উপবাসৰ সন্দৰ্ভত ভেষজ ব্যৱহাৰ আৰু এই ভেষজৰ খেতিৰ কথাও উল্লেখ কৰা হৈছে। খ্ৰীষ্টপূৰ্ব ১ম সহস্ৰাব্দত প্ৰাচীন ভাৰতীয় ভেষজ বিশেষজ্ঞ যেনে চৰক আৰু সুশ্ৰুতৰ দ্বাৰা আয়ুৰ্বেদত ব্যৱহৃত বহুতো বনৌষধি আৰু খনিজ পদাৰ্থৰ বৰ্ণনা কৰা হৈছিল। প্ৰথম চীনা ভেষজ গ্ৰন্থ আছিল হান ৰাজবংশৰ সময়ত সংকলিত শেননং বেনকাও জিং। মৌখিক প্ৰৱাহ থলুৱা ঔষধ বা পাৰম্পৰিক ৰোগ নিৰাময় বিধি সমূহ সাধাৰণতে এটা সম্প্ৰদায়, পৰিয়াল আৰু ব্যক্তিৰ জৰিয়তে মৌখিকভাৱে প্ৰচলিত হয়। এইদৰেই এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ এই চিকিৎসা পদ্ধতিৰ মৌখিক প্ৰৱাহ ঘটে। এক প্ৰদত্ত সংস্কৃতিৰ ভিতৰত, থলুৱা ঔষধজ্ঞানৰ উপাদানবোৰ বহুতে বিস্তাৰিতভাৱে জানিব পাৰে, বা আৰোগ্যকাৰীৰ এক নিৰ্দিষ্ট ভূমিকাত থকা লোক যেনে শ্বামান বা ধাইৰ দ্বাৰা সংগ্ৰহ আৰু প্ৰয়োগ কৰা হয়। তিনিটা কাৰকে আৰোগ্যকাৰীৰ ভূমিকাক বৈধতা প্ৰদান কৰে তেওঁলোকৰ নিজৰ বিশ্বাস, চিকিৎসা পদ্ধতি একোটাৰ সফলতা আৰু সম্প্ৰদায়ৰ বিশ্বাস। যেতিয়া কোনো থলুৱা ঔষধৰ ওপৰত নিৰ্ধাৰিত দাবীবোৰ এটা সংস্কৃতিৰ দ্বাৰা প্ৰত্যাখ্যান কৰা হয়, সাধাৰণতে তিনি প্ৰকাৰৰ অনুসৰণকাৰীয়ে ইয়াৰ ব্যৱহাৰৰ ওপৰত বিশ্বাস ৰাখে– যিসকল এই ঔষধৰ উদ্ভাৱনৰ সৈতে জড়িত আৰু সামাজিকীকৰণৰ দ্বাৰা এই ঔষধৰ স্থায়ী বা অস্থায়ী বিশ্বাসী হয়। বা সংকটৰ সময়ত এনে ঔষধ প্ৰয়োগে ৰোগ নিৰাময় কৰিব পাৰে বুলি আশা ৰাখে আৰু যিসকলে সম্পূৰ্ণ পদ্ধতি বা প্ৰক্ৰিয়াৰ বিপৰীতে কেৱল নিৰ্দিষ্ট এক দিশত বিশ্বাস ৰাখে। ঘৰুৱা পথ্য ঘৰুৱা প্ৰতিকাৰ হৈছে কিছুমান মচলা, বনৌষধি, পাচলি বা অন্যান্য সাধাৰণ সামগ্ৰী ব্যৱহাৰৰ দ্বাৰা ৰোগ আৰোগ্য কৰাৰ এক চিকিৎসা। ঘৰুৱা প্ৰতিকাৰৰ ঔষধি গুণ থাকিব বা নাথাকিব পাৰে। এই পথ্যৰ দ্বাৰা সন্দেহৰ অৱৰ্তত থকা ৰোগৰ চিকিৎসা সাধাৰণতে স্থানীয় সাধাৰণ লোকৰ দ্বাৰা প্ৰদান কৰা হয়। এনে বহুতো চিকিৎসা কেৱল পৰম্পৰা বা অভ্যাসৰ ফলস্বৰূপে বা প্লেচিবো প্ৰভাৱ প্ৰেৰিত কৰাত কাৰ্যকৰী হোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। ঘৰুৱা প্ৰতিকাৰৰ এটা অধিক জনপ্ৰিয় উদাহৰণ হ'ল চৰ্দি বা মৃদু জ্বৰৰ দৰে শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ চিকিৎসাৰ বাবে মুৰ্গীৰ চুপৰ ব্যৱহাৰ। ঘৰুৱা প্ৰতিকাৰৰ অন্যান্য উদাহৰণবোৰৰ ভিতৰত কাঁহ প্ৰতিকাৰৰ বাবে মৌ জোলৰ সৈতে তুলসীৰ ৰসৰ ব্যৱহাৰ কৰা, সৰু ল'ৰা-ছোৱালীৰ পেলু হ'লে চিৰতা বা বাহক পাতৰ ৰস পি খোৱা, শৌচ ভাল হ'বলৈ অমিতা, ভীমকলৰ ব্যৱহাৰ কৰা। চৰ্দিৰ প্ৰতিকাৰৰ বাবে মুৰ্গী বা পাৰ মাংসৰ জালুকীয় খোৱা, কলাখাৰৰ সৈতে ভাত ভাঁজি খোৱা আদি। আগৰ সময়ত, মাতৃসকলে পৰিয়ালৰ লোকৰ গুৰুতৰ অসুখৰ বাহিৰে সকলো বোৰ সাধাৰণ ৰোগৰ নিৰাময়ৰ বাবে ঘৰুৱা পথ্য তৈয়াৰ কৰি খুৱাইছিল। ঐতিহাসিক ৰন্ধনশৈলীৰ কিতাপ সমূহত নানান প্ৰকাৰৰ পথ্য তৈয়াৰৰ পদ্ধতি পোৱা যায়। ছালৰ ৰোগৰ চিকিৎসাৰ বাবে ছালকুঁৱৰী উদ্ভিদৰ উপাদান ব্যৱহাৰ কৰা হয়। বহুতো ইউৰোপীয় লিকাৰ বা মাদক দ্ৰব্য মূলতঃ ঔষধি প্ৰতিকাৰ হিচাপে বিক্ৰী কৰা হৈছিল। চীনা লোক ঔষধত, ঔষধি কঞ্জি (বনৌষধিৰ সৈতে বহু সময় ৰন্ধা চাউলৰ চুপ), খাদ্য, আৰু চুপ হৈছে চিকিৎসা পদ্ধতিৰ অংশ। বিতৰ্ক সুৰক্ষা বিশ্বৰ ১৩০খন দেশত লোক ঔষধৰ ব্যৱহাৰৰ ওপৰত নিৰ্ধাৰিত নীতি নিয়ম আছে, কিয়নো সেইবোৰৰ ব্যৱহাৰৰ সৈতে বিপদাশংকাও জড়িত হৈ আছে। (বিশেষকৈ জুনোচিছ, মুখ্যতঃ কিছুমান পৰম্পৰাগত ঔষধ যিসমূহ প্ৰস্তুতকৰণত এতিয়াও পশু-আধাৰিত পদাৰ্থ ব্যৱহাৰ কৰে)। প্ৰায়ে ধাৰণা কৰা হয় যে যিহেতু ভেষজ ঔষধবোৰ প্ৰাকৃতিক, গতিকে এইসমূহ সুৰক্ষিত হোৱাটো স্বাভাৱিক। কিন্তু ভেষজ প্ৰতিকাৰ ব্যৱহাৰৰ ক্ষেত্ৰটো বহুতো সাৱধানতা মানি চলিব লাগে। দুষ্পাপ্য জীৱৰ ব্যৱহাৰ পৰম্পৰাগত ঔষধ প্ৰস্তুত কৰিবলৈ কেতিয়াবা বিপদাপন্ন প্ৰাণী, যেনে শ্ল' লৰিছ, কেঁকো সাপ, বিভিন্ন প্ৰকাৰৰ সাপ, এশিঙীয়া গঁড়, হাতী, কাছ আদি হত্যা কৰা হয়। এই পৰম্পৰাগত ঔষধৰ বাবে চাৰ্কৰ ফিচা, গঁড়ৰ খড়্গ, সাপৰ মোট, হাতীৰ দাঁত আদি ব্যৱহাৰ কৰা হয় যদিও সেইবোৰৰ কাৰ্যকৰীতা প্ৰমাণিত হোৱা নাই, এই বিশ্বাসে বনৰীয়া জীৱকুলৰ জনসংখ্যা আৰু সেইবোৰৰ পৰিৱেশ তন্ত্ৰক আঘাত কৰিছে। অবৈধ হাতীদাঁতৰ ব্যৱসায় আংশিকভাৱে পৰম্পৰাগত চীনা ঔষধৰ ক্ৰেতাসকলৰ সৈতে সম্পৰ্কীয়। ইয়াৰোপৰি আঙুঠি, তাবিজ আদিত এইদৰে হাতীৰ দাঁত, গঁড়ৰ খড়্গ আদি ব্যৱহাৰ কৰি পিন্ধা হয়। এই সমূহ সামগ্ৰীৰ চাহিদা আৰু বজাৰ মূল্যৰ বাবে বিপদাপন্ন প্ৰজাতি সমূহ চোৰাং চিকাৰৰ মূল লক্ষ্য হোৱাৰ প্ৰধান কাৰণ। তথ্যসূত্ৰ চিকিৎসা
29882
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%9C%E0%A6%AE%E0%A7%87%E0%A6%B2
ৰাইজমেল
ৰাইজমেল সমূহ প্ৰাক ব্ৰিটিছ আৰু ব্ৰিটিছ ৰাজত্বৰ আৰম্ভনি কালচোৱাত অসমীয়া সাধাৰণ প্ৰজাৰ এক সামাজিক মঞ্চ আছিল। ১৭০৭ ৬৯ ৰ কালচোৱাত মূলতঃ কৃষকৰ এক সামাজিক শক্তি হিচাবে উদ্ভৱ হৈ ১৮৯৪ চন মানলৈকে ই বৰ্তি আছিল। দৰং জিলাৰ পৰা আৰম্ভ কৰি মধ্য অসম পৰ্য্যন্ত এই ৰাইজমেল সমূহ দেখা গৈছিল। এইসমূহ অনিয়মীয়া সংগঠন আছিল আৰু ৰাইজৰ প্ৰয়োজন সাপেক্ষে গঠন বা আহবান কৰা হৈছিল। ইয়াৰ কোনো কেন্দ্ৰীয় নেতৃত্ব নাছিল আৰু ৰাইজৰ দ্বাৰা সমজুৱা স্বাৰ্থৰ হকে পৰিচালিত হৈছিল। ১৮২৮ ৯৪ কালচোৱাত ফুলগুৰি, পথৰুয়াট, বজালী আদিত ব্ৰিটিছ শাসন প্ৰথাৰ বিৰুদ্ধে দেখা দিয়া বিভিন্ন কৃষক বিদ্ৰোহত এই ৰাইজমেল সমূহে বিশেষ অৰিহণা যোগাইছিল। এই সংগঠনসমূহৰ চৰিত্ৰ জাতি আৰু ধৰ্ম নিৰপেক্ষ আছিল আৰু কোঁচ, কলিতা, বামুন, হিন্দু, মুছলমান নিৰ্বিশেষে এইসমূহত অংশগ্ৰহণ কৰিছিল। প্ৰথমছোৱাত ৰজা আৰু ব্ৰিটিছ সকলেও এইসমূহক স্বীকৃতি দিছিল। মুখ্যতঃ কৃষিজীৱী প্ৰজাৰ এই সংগঠনসমূ্ত অসমৰ মধ্যবিত্ত শ্ৰেণীৰ অংশগ্ৰহণ আৰু সহযোগ সম্পৰ্কে অৱশ্যে বিতৰ্ক চলি আছে। প্ৰাক ব্ৰিটিছ কাল দৰং আহোমৰ তলতীয়া ৰাজ্য হৈ থকা অৱস্থাত ১৯৬৯ চনত অত্যাধিক কৰৰ প্ৰতিবাদ কৰি ৰাইজমেলৰ জৰিয়তে প্ৰায় ৪০০০ কৃষকে তৎকালীন আহোম ৰজা লক্ষ্মীনাথ সিংহক ৰাজধানী ৰংপুৰত আৱেদন কৰে আৰু ৰজাই এই কৰ বাতিল কৰিবলৈ আদেশ দিবলৈ বাধ্য হয়। গৌৰীনাথ সিংহৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰাজ্যৰ পৰা বিতাৰিত ভগনীয়াসকলে দৰঙীয়া লোকৰ ওপৰত কৰা আতিশয্যৰ পৰিপ্ৰেক্ষিতত পুনৰ ৰাইজমেলসমূহ সক্ৰিয় হৈ পৰে। বিভিন্ন গাঁৱৰ দুশ বৰমুৰীয়া মিলি গুৱাহাটীৰ বৰফুকনৰ সেৱাত থকা প্ৰায় ৬০০০ পাইকক ওভোটাই অনাৰ সিদ্ধান্ত লয়। তদুপৰি মোৱামৰীয়া বিদ্ৰোহৰ ক্ষেত্ৰত আহোম ৰাজত্বক বিৰোধিতা কৰাৰ সিদ্ধান্তৰে বিদ্ৰোহী মোৱামৰীবাৰ দৰে একেধৰনৰ দাবীত যুক্ত হ'ল। পৰবৰ্তীকালত ৰাইজমেলসমূহ দৰং, নগাওঁ আৰু কামৰূপৰ কৃষকৰ সামাজিক জীৱনৰ এক অবিচ্ছেদ্য অংগত পৰিণত হ'ল। বিভিন্ন জনগোষ্ঠীয় আৰু নৃগোষ্ঠীয় সমাজত বৰ্তি থকা গণতান্ত্ৰিক উপাদানসমূহৰ প্ৰাথমিক ৰূপে এই ৰাইজমেলসমূহৰ উথ্থানত প্ৰভাৱ বিস্তাৰ কৰিছিক। তদুপৰি শংকৰদেৱৰ (১৪৪৯-১৫৬৮) নৱবৈষ্ণব আন্দোলনৰ উদাৰনৈতীক প্ৰভাবেও এই অঞ্চলত গণতান্ত্ৰিক জীৱনধাৰা গঢ়ি উঠাত অৰিহণা যোগাইছিল। এই অঞ্চলসমূহত আহোম ৰাজত্বৰ কটকটীয়া প্ৰভাৱ আৰু নিৰ্দেশনাৰ অভাৱেও ৰাইজৰ পথপ্ৰদৰ্শনৰ কাৰক হিচাবেও এই ৰাইজমেলসমূহে গুৰুত্ব লাভ কৰিছিল। ব্ৰিটিছ শাসনকাল উপৰোক্ত পৰিস্থিতিত, উনবিংশ শতাব্দীৰ ব্ৰিটিছৰ শাসনকালতো ৰাইজৰ মাজত ইজমেল জনপ্ৰিয় আৰু শক্তিশালী হৈ থাকিয়েই গ'ল। এখন চৰকাৰী প্ৰেৰণপত্ৰত এইবুলি কোৱা হয় যে ব্ৰিটিছ শাসনৰ প্ৰথম পয়ত্ৰিশ বছৰত (১৮২৬-৬১) এই ৰাইজমেলবোৰ অসমৰ প্ৰশাসনৰ স্বীকৃত বৈশিষ্ট্য আছিল আৰু প্ৰশাসনো এইবোৰৰ প্ৰতি সদয় আছিল। ৰাইজমেলসমূহ প্ৰশাসনৰ লগত প্ৰজাৰ সংযোগ ৰক্ষাৰো এটা মাধ্যম আছিল। কৃষক বিদ্ৰোহত ৰাইজমেলৰ ভূমিকা ব্ৰিটিছ শাসনৰ ভূমিনীতি, বৰ্ধিত ৰাজহ আদিৰ প্ৰতিবাদত প্ৰজা সংগঠিত হোৱাত ৰাইজমেলসমূহৰ বিশিষ্ট ভূমিকা আছিল। এই ৰাইজমেলসমূহৰ জৰিয়তে ৰাইজে আলোচনা বিলোচনা কৰি সংগঠিত হৈ ফুলগুৰি ধেৱা, পথৰুঘাটৰ ধেৱা আদি কৃষক বিদ্ৰোহ সংঘটিত কৰাৰ বাবে একজোট হৈছিল। এই ৰাইজমেলসমূহৰ জৰিয়তেই কামৰূপ, দৰং আৰু নগাওঁৰ বিভিন্ন স্থানলৈ এই বিদ্ৰোহ বিয়পিছিল। ৰাইজমেল সমূহৰ সৰিয়তেই ৰাইজে ব্ৰিটিছলৈ পত্ৰ পঠাই প্ৰতিবাদ জনাইছিল আৰু সাৱধানবাণী শুনাইছিল। সাংগঠনিক আৰু আৰ্থ-সামাজিক বৈশিষ্ট্য ৰাইজমেল সমূহৰ কোনো কেন্দ্ৰীয় নেতৃত্ব নাছিল, ৰাইজে যৌথভাৱে ইহঁতক পৰিচালনা কৰিছিল। ইয়াৰ অন্য এক চকুত লগা বৈশিষ্ট্য আছিল ধৰ্মনিৰপেক্ষতা। বিভিন্ন জনগোষ্ঠী আৰু ধৰ্মীয় সম্প্ৰদায়ৰ মানুহ ইয়াৰ সৈতে জড়িত আছিল। যেনে বৰ্ণহিন্দু, মাছমৰীয়া আৰু লালুং (তিৱা) জনজাতীয় লোকসকল নগাওঁৰ ফুলগুৰি ৰাইমেলৰ মূল অংশ আছিল আৰু আনহাতেদি কামৰূপ আৰু দৰং জিলাত ।আইজমেলসমূহ গঠন হৈছিল বামুন আৰু সকলো ধৰ্মৰ বৰ্ণহিন্দু, মুছলমান, কছাৰী আৰু বড়ো জনজাতীয় লোকসকলৰ দ্বাৰা। কাম-কাজৰ ধাৰাবাহিকতাৰ ফালৰপৰাও ৰাইজমেলসমূহ নিয়মিয়া সংগঠন নাছিল। সংকট বা জৰুৰীকালীন অৱস্থাত যেতিয়া ৰাইজৰ স্বাৰ্থ বিপদাপন্ন হৈছিল আৰু ৰাইজমেলৰ সেৱাৰ প্ৰয়োজন হৈছিল, তেতিয়াই এইবোৰ গঠিত হৈছিল। উল্লেখযোগ্য যে সমসাময়িক মধ্যশ্ৰেণীৰ মানুহে ৰাইজমেলসমূহক ভাল দৃষ্টিৰে চোৱা নাছিল। লগতে চাওক পথৰুঘাটৰ ধেৱা ফুলগুৰি ধেৱা ৰঙিয়া ৰাইজমেল তথ্যসূত্ৰ অসমৰ
55552
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%82%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A7%B0%20%E0%A6%A8%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AF
সূত্ৰধাৰ নৃত্য
সূত্ৰধাৰ নৃত্য() সত্ৰীয়া পৰিৱেশ্য কলাৰ অন্তৰ্গত এটি নৃত্য শৈলী। সূত্ৰধাৰজন একাধাৰে গায়ক, নৰ্তক, ঘোষক আৰু পৰিস্থিতিৰ ব্যাখ্যাকাৰী। সূত্ৰধাৰী নাচ অংকীয়া ভাওনাৰ এটি অপবিহাৰ্য নৃত্যগোট। (গায়ন-বায়নৰ অন্তৰ্গত) সাধাৰণতে বৰপেটীয়া ধেমালি খনকে আধাৰ হিচাপে লৈ গুৰুকীৰ্তনৰ ভাওনা আৰম্ভ হয়। সেয়েহে আন নাচত থকাৰ দৰে সূত্ৰধাৰী নাচৰ আধাৰিত ধেমালিখন হ'ল বৰপেটীয়া ধেমালি। অৱশ্যে অন্য উদ্দেশ্যত এই নাচ নাচিবৰ সময়ত ধেমালিৰ ধৰা-বন্ধা নিয়ম নাথাকে। পৰিচয় ভাৰতীয় সভ্যতাত জগতক ৰংগমঞ্চ, জীৱনক নাটক, জীৱক অভিনেতা/অভিনেত্ৰী আৰু ঈশ্বৰক সূত্ৰধাৰ বুলি কোৱা হয়। সূত্ৰধাৰজন সংস্কৃত নাটক, পুতলা নাচ বা ওজা পালিৰ ওজাৰ অনুৰূপ হ'লেও শংকৰদেৱে নাটৰ সূত্ৰধাৰজন সুকীয়া। সূত্ৰধাৰক কুশল অভিনেতা, গীত-বাদ্য-নাট বিশাৰদ আৰু সুপৰিচালক হিচাপে শংকৰদেৱে তেওঁৰ নাটত ঠাই দিছে। ভাওনাৰ শ্লোক, অপিচ আৰু সূত্ৰধাৰৰ বচনৰ ওপৰত সম্পূৰ্ণ পৰিচালনাৰ ভাৰ সূত্ৰধাৰৰে।নাটৰ প্ৰথম নান্দী শ্লোকৰ পিছত সূত্ৰধাৰৰ শ্লোক আৰু সূত্ৰৰ উক্তিবোৰৰপৰা এই কথা স্পষ্টকৈ বুজা যায়। গায়ন-বায়ন আৰু সূত্ৰধাৰসকলৰ পিন্ধনত বগা ধূতি বা ঘোৰী, হাত গেঞ্জী, পাঞ্জাবী, চেলেং চাদৰ আৰু মূৰত বগা পাগ থাকে। পৰিৱেশন ভাওনাৰ আৰম্ভণিতে সূত্ৰধাৰে আঁৰ-কাপোৰৰ আঁৰত, অগ্নিগড়ৰ তলত আঁঠুকাঢ়ি সেৱা জনোৱাৰ ভংগীত ৰৈ থাকে। আঁৰ-কাপোৰ আঁতৰ হোৱাৰ লগে লগে বিভিন্ন বাদ্যসমূহ একেলগে বাজি উঠে। ৰাইজে হৰিধ্বনি দিয়ে। বিলম্বিত লয়ত খোল, মৃদংগ, তাল বাজে। সূত্ৰধাৰে সৰু ভংগীৰ এটা নাচ আগবঢ়ায়। নাচৰ মাজতেই সূত্ৰধাৰজন থিয় দিয়ে আৰু মধ্যম লয়ৰ বাজনাত বৰভংগীৰ নাচ এটা আৰম্ভ কৰে। এই দুই অংশ নাচৰ শেষত সূত্ৰধাৰে স্বস্তিক হস্তেৰে গোটেই ভাওনাথলী চতুস্পৰ্শ পৰিভ্ৰমণ কৰি ৰাইজ তথা দৰ্শকৰ মংগল কামনা কৰে। এই নৃত্যৰ খোলত ১৭খন আৰু শ্লোকত ৯খন মুঠতে ২৬খন বাজনা থকাটো উল্লেখযোগ্য। ৪, ৭, ১০, ১১, ১২, ১৪, ১৫ আৰু ১৭ সংখ্যক বাজনাত সূত্ৰধাৰে খৰ নাচ প্ৰদৰ্শন কৰাৰ সুবিধা পায়। নৱম বাজনাত বহু পাকৰ নাচ আৰু ষোড়শ বাজনাত জিধিনাকত হাত সলোৱা হাত পৰে। সূত্ৰধাৰে নৃত্য সমাপ্ত কৰাৰ লগে লগে প্ৰধান চৰিত্ৰ শ্ৰীকৃষ্ণ বা ৰামৰ প্ৰৱেশৰ পথ ঘোষিত হয়। তাৰপিছত আন চৰিত্ৰৰ প্ৰৱেশ ঘটে। নৃত্য শৈলী ভাওনাৰ আৰম্ভণিতে সূত্ৰধাৰে আঁৰ-কাপোৰৰ আঁৰত, অগ্নিগড়ৰ তলত আঁঠুকাঢ়ি সেৱা জনোৱাৰ ভংগীত ৰৈ থাকে। আঁৰ-কাপোৰ আঁতৰ হোৱাৰ লগে লগে: বাজনা ১: সূত্ৰধাৰীয়ে প্ৰৱেশ কৰি আঁঠু পাৰি শিৰ মাটিত লগাই সেৱা কৰে, ৰাইজে হৰিধ্বনি দিয়ে। কেতিয়াবা সূত্ৰধাৰ-প্ৰৱেশৰ আগৰপৰাই প্ৰথম বাজনাখন বাই থকা হয়। সূত্ৰধাৰে সেৱা কৰি থিয় হৈ সেই বাজনাতে সোঁ-হাত বাঁও-ভৰি আগলৈ দি আকৌ বাঁও-হাত সোঁ-ভৰি আগলৈ দি আগ বাঢ়ি গৈ ভাওনাৰ ঠাইৰ আধাখিনি এৰি থৈ দুই হাত মূৰা-মূৰিকৈ অলপ নিলগে মাটিত পাৰি, লাহে লাহে প্ৰণামত নাচি পুনৰ প্ৰণাম কৰি ওৰা (মতা ওৰা) ধৰে। বাজনা ২: 'ধিনাও'ৰপৰা জলক মাৰি, হাত দুখন ওপৰা-উপৰিকৈ আকৃতি কৰি 'খ্ৰি খ্ৰি....' বোলাত হাত কঁপাই আগলৈ গৈ এপাক ঘূৰি আহে। বাজনা ৩: ওৰা ধৰি উঠি থিয় হৈ হাত দুখন এবাৰ একাষে, এবাৰ আন কাষে দি নাচে। 'ততাক ধেই দাও'ৰপৰা জলক মাৰি পাছলৈ গৈ ৰৈ যায়। আকৌ জলকত পাক মাৰিই ঘূৰি আগৰ ঠাই পাইহি। বাজনা ৪: খৰ নাচ পৰে। বাজনা ৫: "ধগা ধগা" বোলত ওজাৰ দৰে বৰাহৰ হাত দি অলপ আগফালে চাপৰি দুই হাত ঘনাই ওপৰা-উপৰি কৰি মাৰি আগ বাঢ়ে আৰু 'নিধেই ধেই'ৰপৰা জলক মাৰি মতা-পাক মাৰি পিছ হুঁহকে 'ধেতখিতি'ৰপৰা পুনৰ আগলৈ যায়। বাজনা ৬: খৰ নাচ পৰে। বাজনা ৭: 'ধেখিৰ ইখিৰ তাখিৰ ইখিৰ'ত চন্দ্ৰ হাত দি নাচে আৰু নাচ বাঢ়ি যায় 'তাখিৰ খিৰ তাৎ খিতি'ত হাত সলোৱা হাত পৰে, 'খিতা জিধেই খিতা'ৰপৰা তেৱাৰি পৰে। 'তাখিৰখিৰ ৰাও খিতি'ত এটা জলক মাৰি আগলৈ গৈ বহি আগলৈ হাত দি ৰ'য়। বাজনা ৮: বহুত পাকৰ নাচ পৰে। বাজনা ৯, ১০, ১১: বৰ খৰ নাচ। তেৱাৰি, হাত-সলোৱা হাত আদিয়েই বেছিকৈ পৰে। বাজনা ১২: 'ধগিতা'ত তেৱাৰি, 'ধেই ত্ৰিখি'ৰিপৰা বৰাহৰ হাত দি। বাজনা ১৩, ১৪: খৰ নাচ। বাজনা ১৫: 'জিধিনাক'ত হাত-সলোৱা হাত। 'জিধিনাও'ৰপৰা আঁঠুৱা --মানুহটো আঁঠু মাটিত লগাই লগাই কৰ্তবীমুখ হাত যিটো আঁঠু পৰে তাত লগাই লগাই ছেও দিব। তাৰ পিছত খৰ নাচ পৰে। বাজনা ১৬: খৰ মাচ। শ্লোকৰ নাচ: নাচ শিকোৱা বায়নজনে শ্লোকটো মুখেৰে গাই আৰু নাচত খোল বজাই থকা বায়ন দুজনে তাকে খোলত বজায় দুবাৰকৈ আৰু সূত্ৰধাৰীয়ে নাচে। বায়নে শ্লোক গাই থাকৌতে সূত্ৰধাৰীয়ে নানাচে। সূত্ৰধাৰৰ নৃত্যৰ পিছত নাটকৰ আন আন পাত্ৰসমূহৰ প্ৰৱেশ নৃত্য হয। এই নৃত্যবিলাকৰ গতি বা বুলন আৰু আন চালনাবোৰ সুকীয়া সুকীয়া। নাচৰ বোলো সেইদৰে পৃথক। যশোদা আদি গোপীসকলে একতালিত, নাৰদে খুকনিত, অসুৰবোৰে চুটা তালত প্ৰৱেশ কৰে। সাজ-পাৰ সূত্ৰধাৰীৰ মূল পৰিচয় হৈছে মূৰত ব্যৱহাৰ কৰা পাগটো। ইয়াক সূত্ৰধাৰী পাগ বোলে। তলৰ অংশ কাণৰ ওপৰে আৰু কপালৰ আধা অংশ ঢাকি লিপিত খাই পৰে। ওপৰ অংশটোৰ নক্সা গাযনৰ পাণুৰি এটাৰ আগটো পাচ কৰি দিলে যেনে হ'ব তেনে ধৰণৰ; অৰ্থাৎ পিছ অংশটো পাছলৈ জোঙাকে বাঢ়ি যোৱা। ই চৰ্জেদাৰ আৰ্হিৰ কোষাপটীয়া সাঁচৰ টুপিৰ দৰে। ইয়াৰ ওপৰভাগ শিৰৰ আগৰ পৰা পাছলৈ খাল পৰি দুই কাষ সিৰ পাতি থিয় হয়। কাণত উন্তি, হাতত গামখাৰু, ভৰিত জুনুকা আৰু ডিঙিত মতামণি পিন্ধাৰ নিয়ম। শুদ্ধ বগা কপাহী কপোৰৰ লহঙাৰ কঁকাল অংশত ধুতি বা ঘূৰি পিন্ধি বগা ৰঙৰ কপাহী টঙালি তললৈ ওলমাই বন্ধা হয়। কোচ-দিয়া হাতৰ দীঘল চোলা কঁকালৰ কিছু তললৈকে পেলাই পিন্ধে। গাত সূত্ৰধাৰী কাপোৰখন দীঘলে দীঘলে জাপি আগফালে দুই মূৰ টঙালিৰ তলেদি আঁঠুলৈকে ওলমাই পিছফালৰ অংশটো পিঠিৰ মাজ মানতে শেষ কৰা হয়। টুপিৰ আগ অংশত এটি কক্লা সংযোগ কৰা হয়। কলা-বীথিকা তথ্যসূত্ৰ অসমৰ নৃত্যসমূহ
35071
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%A5%E0%A7%81%E0%A7%B0%E0%A6%BE%20%E0%A6%A6%E0%A6%BE%E0%A6%B8%20%E0%A6%AC%E0%A7%81%E0%A6%A2%E0%A6%BC%E0%A6%BE%20%E0%A6%86%E0%A6%A4%E0%A6%BE
মথুৰা দাস বুঢ়া আতা
মথুৰাদাস বুঢ়া আতা-ৰ (জ. ১৪১২ শক মৃ. ১৫৬১ শক) প্ৰকৃত নাম গোপাল তাঁতী। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে তেওঁক বৰপেটা সত্ৰৰ প্ৰথম গৰাকী সত্ৰাধিকাৰ নিযুক্ত কৰিছিল গুৰুৰ আজ্ঞা শিৰত লৈ বুঢ়া আতাই নিষ্ঠা, বুদ্ধিমত্তা আৰু বিচক্ষণতাৰে সত্ৰ পৰিচালনাৰ লগতে বৰপেটাৰ সমাজ জীৱনত কিছুমান নতুন ব্যৱস্থাৰ প্ৰণয়ন কৰিছিল। বৰপেটা সত্ৰৰ চৈধ্য প্ৰসংগ আদি পৰম্পৰাৰ প্ৰতিষ্ঠাপক। জন্ম আৰু পৰিয়াল মথুৰাদাস বুঢ়া আতাৰ প্ৰকৃত নাম আছিল গোপাল তাঁতী। তেখেতৰ পূৰ্বপুৰুষ বৰ্তমানলৈ বৰপেটালৈ আহিছিল অবিভক্ত শিৱসাগৰ জিলাৰ খোনাখোকোৰা গাঁৱৰপৰা। তেখেতৰ পিতৃৰ নাম বিৰসাদ আৰু মাকৰ নাম আছিল ধৈৰ্যা পেচাত তেওঁলোক আছিল তাঁতী। বৰপেটাৰ তাঁতীকুচিত থকা কালতে ১৪১২ শকৰ শুক্লা একাদশী, ২৩ জেঠ তাৰিখ-ত (ইং ১৪৯০ খ্ৰীষ্টাব্দ, ৭ জুন?) গোপাল তাঁতীৰ জন্ম হয়। গোপাল তাঁতীৰ শিশুকালতে পিতৃ-মাতৃৰ মৃত্যু হয়। গোপাল তাঁতীয়ে ইচ্ছাকুচি (ইচ্ছাপুৰহাটী, )-অৱস্থিত সনাতন কায়থ-ৰ অধীনত পঢ়াশালীয়া শিক্ষা লৈছিল। পঢ়াশালীৰ পঢ়া সাং কৰি গোপাল তাঁতীয়ে পৈতৃক বৃত্তিতে আত্মনিয়োগ কৰিছিল, আৰু নিজৰ কাৰ্যকুশলতাৰে মুখ্য তাঁতী হিচাপে পৰিগণিত হৈছিল। কুৰোবাহা গাঁৱৰ বংশী ঠাকুৰীয়াৰ কন্যা সুমতি-ৰ লগত তেখেতৰ বিবাহ সম্পন্ন হয়। তেখেতৰ পুত্ৰৰ নাম আছিল বলাই। মাধৱদেৱৰ লগত সাক্ষাৎ কোঁচৰজা নৰনাৰায়ণক দিবলৈ শংকৰদেৱে আৰ্হি কৰা বৃন্দাৱনী বস্ত্ৰ বৈ উলিওৱাৰ কামত গোপাল তাঁতী আৰু সহযোগীসকল অংশীদাৰ হৈছিল। গোপাল তাঁতী তাঁত বোৱাৰ উপৰিও গান গোৱা, ৰচনা কৰা আৰু আবৃত্তি কৰাত পাৰ্গত আছিল। বৈষ্ণৱ গুৰু চৈতন্যদেৱৰ ভক্তিগীত গোপাল তাঁতী আৰু তেখেতৰ সংগীবৃন্দই ঠায়ে ঠায়ে ঘূৰি পৰিৱেশন কৰিছিল। তেখেতৰ দলত মুঠতে ১৮ গৰাকী পালি আৰু সংগতকাৰী আছিল। এই সময়ত তেখেতৰ আধ্যাত্মিক গুৰু আছিল হৰি মিশ্ৰ। থৈ গাঁৱৰ নাৰায়ণদাস ঠাকুৰ আতাৰ ঘৰত ভক্তি গান পৰিৱেশন কৰাৰ সময়ত নাৰায়নদাস ঠাকুৰ আতাই এটা পদৰ ৰচকৰ নাম জানিবলৈ ইচ্ছা কৰাত গোপাল তাঁতী উত্তৰ দিবলৈ অপাৰগ হয়, আৰু উভতি আহি গুৰু হৰি মিশ্ৰৰ পৰা এই বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰে। হৰি মিশ্ৰই গোপাল তাঁতীক মাধৱদেৱৰ ওচৰলৈ যাবলৈ উপদেশ দিয়ে। এই্ উপদেশ মতেই তেখেতে মাধৱদেৱৰ সাক্ষাৎ লয়। সেই সময়ত গোপাল তাঁতীৰ বয়স আছিল ৮১ বছৰ। মাধৱদেৱৰ লগত হোৱা সাক্ষাতে গোপাল তাঁতীৰ জীৱনৰ পথ সলনি কৰি দিয়ে। মাধৱদেৱে সুন্দৰীদিয়াৰপৰা ভবানীপুৰলৈ যাবলৈ মনস্থ কৰিছিল। কিন্তু গোপাল তাঁতীৰ কথা কথামতে ভবানীপুৰৰ সলনি শিষ্য সমন্বিতে বৰপেটাৰ তাঁতীকুচিলৈ আহে। বৰপেটাত মাধৱদেৱে এটা কীৰ্তনঘৰ স্থাপন কৰাৰ মানস কৰে। সেই উদ্দেশ্যেৰেই ৰাম লাৰুৱা বুঢ়া নামৰ এগৰাকী ব্যক্তিৰপৰা কিছু ভূমি ক্ৰয় কৰি কীৰ্তনঘৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। কীৰ্তন ঘৰ নিৰ্মাণৰ কামত গোপাল তাঁতীয়ে সকলো প্ৰকাৰে সহায় কৰে। এই সত্ৰতে মন-প্ৰান সঁপি দিয়া গোপাল তাঁতী পাছলৈ মথুৰাদাস নামেৰে জনপ্ৰিয় হৈ পৰে। সেই সময়ৰ বৰপেটা অঞ্চলক শ্ৰীকৃষ্ণৰ স্থান মথুৰাৰ লগত তুলনা কৰা হৈছিল বাবে মথুৰা-ৰ অনুগত অনুচৰ বুলি গোপাল তাঁতীক মথুৰাদাস বোলা হৈছিল। বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ ১০৭ বছৰ বয়সত মাধৱদেৱৰ নিৰ্দেশ মৰ্মে মথুৰাদাস বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ নিযুক্ত হয়। ৪৪ বছৰ তেখেতে সত্ৰাধিকাৰ ৰূপে থাকে। এই কালছোৱাত মথুৰাদাস বুঢ়া আতাই সত্ৰ পৰিচালনা আৰু বৰপেটা-ৰ পৰিচালনাত কিছুমান সালসলনি কৰে। বৰপেটাৰ চুবুৰীসমূহক ‘হাটী’ বোলা হয়। মথুৰাদাস বুঢ়া আতাই প্ৰতিটো হাটীৰ বাবে একোটা সমূহীয়া বিত্তীয় পুঁজিৰ ব্যৱস্থা কৰে, যাক ‘হাটীয়াৰ পুঁজি’ বোলা হয়। এই পুঁজিৰ ধন হাটীৰ উন্নয়ণৰ কামৰ বাবে ব্যৱহাৰ কৰাৰ উপৰিও প্ৰয়োজনৰ সময়ত ঋণৰ বিনিময়ত বা কেতিয়াবা ঋণ অবিহনেও প্ৰয়োজনাত ব্যক্তিক ধাৰলৈ দিয়া হৈছিল। ‘হাটীয়াৰ পুঁজি’ এক ধৰণৰ প্ৰাচীন বেংক ব্যৱস্থাৰ দৰে আছিল। প্ৰতিটো হাটীতে একোটা ‘হাটীয়াৰ ঘৰ’ স্থাপন কৰা হৈছিল। হাটীয়াৰ ঘৰ আছিল এক সমুহীয়া স্থান, য’ত হাটীৰ মানুহে লগ হৈ বিভিন্ন কাৰ্য সম্পাদন কৰিছিল। তেখেতে বৃত্তি অনুসাৰে হাটী ভগাই দিয়াৰ ব্যৱস্থাও কৰিছিল, যেনে মাটিৰ পাত্ৰ গঢ়োতাৰ বাবে কুমাৰহাটী, কমাৰৰ বাবে বৃন্দাবনহাটী, ইত্যাদি। বৰপেটা সত্ৰত প্ৰচলিত ‘চৈধ্য প্ৰসংগ’ৰ নিয়মো মথুৰাদাস বুঢ়া আতাই প্ৰণয়ন কৰা। দোকমোকালিৰপৰা ৰাতিলৈ চৈধ্যবাৰ নাম-প্ৰসংগ কৰাৰ পৰম্পৰাকে চৈধ্য প্ৰসংগ বোলা হয়। সত্ৰৰ পৰিচালনাৰ সুবিধাৰ বাবে ‘ভোগ লোৱা’ৰ নিয়ম প্ৰৱৰ্তন কৰে। কীৰ্তন মহোৎসৱৰ সময়ত ভকতৰ পিয়লৰ বাবে ‘ভকত লেখা’ৰ ব্যৱস্থাও মথুৰাদাস বুঢ়া আতাই প্ৰৱৰ্তন কৰিছিল। সত্ৰৰ পৰিচালনাৰ বিষয়বাবৰ বাবে তেখেতে গণতান্ত্ৰিক প্ৰথাৰে নিৰ্বাচন কৰাৰ নিয়ম প্ৰণয়ন কৰিছিল। আজিও একে ব্যৱস্থাৰেই বৰপেটা সত্ৰৰ পৰিচালনা সমিতি গঠিত হয়। প্ৰতিটো হাটীৰপৰা সত্ৰলৈ অহা অৱদানৰ সুপৰিচালনাৰ বাবে প্ৰতিটো হাটীৰ বাবে একোগৰাকী ব্যক্তি নিয়োগ কৰিছিল যাক ‘বৰা’ বোলা হৈছিল। ১৫৬১ শকত ১৫১ বছৰ বয়সত মথুৰাদাস বুঢ়া আতাৰ মৃত্যু হয়। তথ্য সূত্ৰ সত্ৰাধিকাৰ অসমৰ
65519
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%BF%E0%A6%95%E0%A6%BE%20%E0%A6%AE%E0%A6%A4%E0%A6%A6%E0%A6%BE%E0%A6%A4%E0%A6%BE%20%E0%A6%89%E0%A6%AA%E0%A6%AA%E0%A6%BE%E0%A6%A6%E0%A7%8D%E0%A6%AF
মাধ্যিকা মতদাতা উপপাদ্য
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানত মাধ্যিকা মতদাতা উপপাদ্যই কয় যে যদি কোনো সমষ্টিত অধিকতা মতদান ব্যৱহাৰ কৰা হয় (অৰ্থাৎ, সৰ্বাধিক ভোট লাভ কৰা প্ৰতিযোগী বিজয়ী হয়), কেৱল দুই প্ৰতিদ্বন্দ্বী আছে আৰু সকলো মতদাতাৰ অগ্ৰাধিকাৰ সম্বন্ধৰ এটি শৃংগ আছে, তেন্তে দুয়ো প্ৰতিদ্বন্দ্বীয়ে প্ৰত্যেক নীতিত একেই স্থিতি গ্ৰহণ কৰিব- সেই স্থিতি যি মাধ্যিকা মতদাতাৰ প্ৰিয়। এই উপপাদ্যৰ কথা অৰ্থনীতিবিদ ডাউন্সে নিজৰ গ্ৰন্থ "এন ইকনমিক থিয়ৰি অৱ ডেমক্ৰেচি"ত উল্লেখ কৰিছিল। কণ্ডৰ্চে চৰ্তসমূহ কণ্ডৰ্চে বিজেতাৰ ধাৰণা ফঁৰাচী অৰ্থনীতিবিদ, গণিতজ্ঞ আৰু দাৰ্শনিক মাৰ্কি ডে কণ্ডৰ্চেই আগবঢ়াইছিল। ধৰি লওক যে কোনো নিৰ্বাচনত এটি সমষ্টিত তলত দিয়া চৰ্তসমূহ পূৰ্ণ হৈছে- প্ৰত্যক্ষ গণতন্ত্ৰ: ৰাইজে অধিকতা মতদানেৰে নীতি নিৰ্বাচন কৰে। অকপট মতদান: মতদাতাই নিজৰ আটাইতকৈ পচন্দৰ প্ৰতিদ্বন্দ্বীক ভোট দিয়ে। মুকলি কাৰ্য-সূচী: প্ৰত্যেক প্ৰতিদ্বন্দ্বীয়ে ২-২ কৈ আন প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে যুঁজে (যেনে, যদি ক, খ আৰু গ প্ৰতিদ্বন্দ্বী, নিৰ্বাচনত ক-খ, ক-গ আৰু খ-গ তুলনা কৰা হয়, অৰ্থাৎ সকলো প্ৰতিদ্বন্দ্বী অকলে আন প্ৰতিদ্বন্দ্বীৰ মুখামুখী হয়।) কণ্ডৰ্চেই দেখাইছিল যে এনে অৱস্থাত ৰাজহুৱা পচন্দ বা অগ্ৰাধিকাৰৰ "চক্ৰ" সৃষ্টি হ'ব পাৰে। কণ্ডৰ্চে বিৰোধাভাস ধৰি লওক তিনিজন প্ৰতিদ্বন্দ্বী আছে- আৰু আৰু তিনিজন মতদাতা আছে, আৰু তিনিওজন মতদাতাৰ পচন্দ এনে ধৰণৰ- মন কৰক, যে ৩ৰ ভিতৰত ২জন মতদাতাই তকৈ ক ভাল পায়, সেয়ে ক ৰাইজে তকৈ অধিক পচন্দ কৰে। আকৌ, ৩ৰ ভিতৰত ২জন মতদাতাই তকৈ ক ভাল পায়, সেয়ে ৰাইজে তকৈ ক পচন্দ কৰে। আৰু ৩ৰ ভিতৰত ২জন মতদাতাই তকৈ ক ভাল পায়। অৰ্থাৎ, যদি সকলো ৰাইজৰ ৰাজহুৱা অগ্ৰাধিকাৰ সম্বন্ধ, তেন্তে আৰু অৰ্থাৎ ৰাইজৰ পচন্দসমূহে 'সংক্ৰামিতা'ৰ চৰ্ত পূৰ্ণ নকৰে। পচন্দসমূহ চক্ৰৰ দৰে, আৰু "আটাইতকৈ পচন্দৰ" কোনো প্ৰতিদ্বন্দী নাই। কিন্তু প্ৰতিদ্বন্দ্বীসমূহক ৰাইজে সমানে পচন্দও নকৰে, উদাহৰণ স্বৰূপে ৰাইজে তকৈ ক অধিক পচন্দ কৰে। সেয়েহে ৰাইজে তিনিও প্ৰতিদ্বন্দ্বীক সমানে পচন্দ নকৰে, কোনো দুজন প্ৰতিদ্বন্দ্বীকো সমানে পচন্দ নকৰে, কিন্তু একেই সময়তে ৰাইজৰ তিনিওৰ মাজত আটাইতকৈ প্ৰিয় প্ৰতিদ্বিন্দ্বীও নাই। ই এক বিৰোধাভাস কণ্ডৰ্চে বিজেতা যদি কোনো ব্যৱস্থাত আৰু পৰিস্থিতিত এই বিৰোধাভাস উদয় নহয় আৰু ৰাইজৰ আটাইতকৈ পচন্দৰ প্ৰতিদ্বন্দ্বী ওপৰত উল্লিখিত চৰ্তেৰে থাকে, তেন্তে সেই প্ৰতিদ্বন্দ্বীক কণ্ডৰ্চে বিজেতা বোলা হয়। মাধ্যিকা মতদাতা এক-শৃংগযুক্ত অগ্ৰাধিকাৰ সম্বন্ধ এটি সসীম সংহতি গণ্য কৰক- আৰু ধৰি লওক মতদাতা ৰ ত একমাত্ৰ আটাইতকৈ প্ৰিয় বিকল্প (পৰমানন্দ বিন্দু)। তেন্তে মতদাতাজনৰ অগ্ৰাধিকাৰ সম্বন্ধ (পচন্দসমূহ) এক-শৃংগযুক্ত যদি, আৰু কেৱল যদি- যদি আমি দেখোঁ ইয়াত মতদাতাৰ ভন-নয়মেন মৰ্গেনষ্টাৰ্ণ উপযোগিতা ফলন আৰু এটি ৰাজনৈতিক বিকল্প। ইয়াৰ অৰ্থ এয়াই যে উপযোগিতা ফলন অৰ্ধ-অৱতল। মাধ্যিকা মতদাতাৰ সংজ্ঞা ওপৰৰ এক-শৃংগতাৰ চৰ্ত পূৰ্ণ হ'লে, আমি মতদাতাসকলক তেওঁলোকৰ পৰমানন্দ বিন্দুৰ আধাৰত ক্ৰমত সজাব পাৰোঁ। ধৰি লওক মতদাতাৰ সংখ্যা এটি অযুগ্ম সংখ্যা। তেন্তে মাধ্যিকা মতদাতা সেইজন মতদাতা, যাৰ পৰমানন্দ বিন্দুৰ তলত মতদাতাৰ পৰমানন্দ বিন্দু আছে আৰু যাৰ পৰমানন্দ বিন্দুৰ ওপৰত মতদাতাৰ পৰমানন্দ বিন্দু আছে। এই মতদাতাক বুলি ধৰি লওক। তেওঁৰ পৰমানন্দ বিন্দুক বুলি ধৰি লওক। আনুষ্ঠানিক উদ্ধৃতি (অকপট মতদানৰ ক্ষেত্ৰত) ওপৰত উল্লিখিত সংজ্ঞাসমূহ ব্যৱহাৰ কৰি, মাধ্যিকা মতদাতা উপপাদ্যক এনেদৰে উল্লেখ কৰিব পাৰি- যদি এটি অযুগ্ম সংখ্যা, আৰু প্ৰত্যক্ষ গণতন্ত্ৰ আৰু অকপট মতদানৰ চৰ্ত পূৰ্ণ হৈছে, আৰু যদি মতদাতাসকলৰ অগ্ৰাধিকাৰ সম্বন্ধ এক-শৃংগযুক্ত, প্ৰদান কৰা হোৱা বিকল্পৰ ক্ৰম ত, তেন্তে এজন কণ্ডৰ্চে বিজেতা আছে। সেই কণ্ডৰ্চে বিজেতাজনৰ নীতি মাধ্যিকা মতদাতাৰ পৰমানন্দ বিন্দু তদুপৰি একমাত্ৰ সাম্যাৱস্থা নীতি (স্থিৰ বিন্দু), যদি প্ৰত্যক্ষ গণতন্ত্ৰ আৰু অকপট চৰ্তৰ লগতে মুকলি কাৰ্য-সূচীৰ চৰ্তও পূৰ্ণ হৈছে। উপপাদ্যটি সহজে যুগ্ম ৰ ক্ষেত্ৰতো প্ৰযোজ্য বুলি প্ৰমাণ কৰিব পৰা যায়। প্ৰমাণ মতদাতাসকলক তেওঁলোকৰ পৰমানন্দ বিন্দুৰ (ৰ) ক্ৰমত সজাওক। ধৰি লওক মাধ্যিকা মতদাতাৰ পৰমানন্দ বিন্দু। যদি আৰু কোনো অন্য নীতি ৰ মাজত নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে, আৰু তেন্তে আমি জানো, যে অগ্ৰাধিকাৰ সম্বন্ধৰ এক-শৃংগতাৰ বাবে প্ৰত্যেক এনে মতদাতা ৰ বাবে যাৰ আমি পাওঁ- অকপট ভোটদানৰ বাবে, তেনে প্ৰত্যেকজন ব্যক্তিয়ে ক ভোট দিব। যিহেতু হ'ল মাধ্যিকা মতদাতাৰ পৰমানন্দ বিন্দু, থকা মতদাতাৰ সংখ্যা তদুপৰি, মাধ্যিকা মতদাতাই নিজেও নিজৰ পৰমানন্দ বিন্দু কে ভোট দিব। আন কোনোৱেও ক ভোট দিব পাৰে, কিন্তু নিদিলেও, বিজয়ী হ'ব কাৰণ ইতিমধ্যে মতদাতাই ক ভোট দিয়াটো নিশ্চিত। একেই যুক্তি ৰ ক্ষেত্ৰতো দিব পৰা যায়। এই পৰিস্থিতিত, অগ্ৰাধিকাৰ সম্বন্ধৰ এক-শৃংগতাৰ বাবে প্ৰত্যেক এনে মতদাতা ৰ বাবে যাৰ আমি পাওঁ- অকপট ভোটদানৰ বাবে, তেনে প্ৰত্যেকজন ব্যক্তিয়ে ক ভোট দিব। যিহেতু হ'ল মাধ্যিকা মতদাতাৰ পৰমানন্দ বিন্দু, থকা মতদাতাৰ সংখ্যা তদুপৰি, মাধ্যিকা মতদাতাই নিজেও নিজৰ পৰমানন্দ বিন্দু কে ভোট দিব। আন কোনোৱেও ক ভোট দিব পাৰে, কিন্তু নিদিলেও, বিজয়ী হ'ব কাৰণ ইতিমধ্যে মতদাতাই ক ভোট দিয়াটো নিশ্চিত। আনুষ্ঠানিক উদ্ধৃতি (ৰণনীতিগত মতদানৰ ক্ষেত্ৰত) আমি দেখিলোঁ যে কণ্ডৰ্চে চৰ্তসমূহ পূৰ্ণ হ'লে মাধ্যিকা মতদাতাৰ পৰমানন্দ আৰু আন কোনো নীতিৰ মাজত নিৰ্বাচন অনুষ্ঠিত কৰিলে, মাধ্যিকা মতদাতাৰ পৰমানন্দ বিন্দুৱেই বিজয়ী হ'ব। কিন্তু সকলো অৱস্থাত প্ৰত্যেক কণ্ডৰ্চে চৰ্ত পূৰ্ণ নহবও পাৰে। যদিও প্ৰত্যক্ষ গণতন্ত্ৰ আৰু মুকলি কাৰ্য-সূচী সাংগঠনিক চৰ্তহে, আৰু সেয়ে বাস্তৱত নিশ্চিত কৰিব পৰা যায়, অকপট মতদান ভোটাৰৰ আচৰণৰ ওপৰত ৰখা চৰ্ত। এই চৰ্ত সকলো অনুষ্ঠানত পূৰ্ণ নহবও পাৰে। উদাহৰণ স্বৰূপে, যদি এজন ভোটদাতাই নিজৰ প্ৰিয় প্ৰতিদ্বন্দ্বীক ভোট দিয়াৰ ঠাইত অন্য প্ৰতিদ্বন্দ্বীক ভোট দি, এই কথাৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিব পাৰে যে তেওঁৰ প্ৰিয় প্ৰতিদ্বন্দ্বী বিজয়ী হ'ব, তেন্তে ভোটদাতাজনে অকপট মতদানৰ সলনি এনেধৰণৰ ৰণনীতিগত মতদান কৰিব। সেয়েহে, আমি তলত ৰণনীতিগত মতদানক সংজ্ঞায়িত কৰিছোঁ- ৰণনীতিগত মতদান: ধৰি লওক এ এটি ভোট ফলন সংজ্ঞায়িত কৰে মতদাতা ৰ বাবে। অৰ্থাৎ, মতদাতা এ আৰু ৰ মাজত নিৰ্বাচন হ'লে, ক ভোট দিব। এতিয়া আমি এটি ভোট গণনা ফলন সংজ্ঞায়িত কৰোঁ- যিকোনো দুই প্ৰতিদ্বন্দ্বী আৰু ৰ বাবে। তদুপৰি, ধৰি লওক মতদাতা ক বাদ দি, আন মতদাতাসকলে মতদানেৰে সমৰ্থন দিয়া নীতিৰ সদিশ। তেন্তে, নিৰ্বাচনত বিজয়ী হ'ব, যদি নিৰ্বাচনত দুই প্ৰতিদ্বন্দ্বী আৰু আছে। এনে ক্ষেত্ৰত ৰণনীতিগত মতদানৰ সংজ্ঞা এনে ধৰণৰ- কোনো ব্যক্তি ৰ বাবে সেই নীতি দুৰ্বলভাৱে আধিপত্যবাদী যদি সেই নীতিয়ে যি পৰিস্থিতেয়েই নহওক, আন নীতিতকৈ কম উপযোগিতা প্ৰদান নকৰে, আৰু কোনো কোনো পৰিস্থিতিত আন নীতিতকৈ অধিক উপযোগিতা প্ৰদান কৰে। এনে নীতি চয়ন কৰাত কোনো লোকচান নাথাকে। মাধ্যিকা মতদাতা উপপাদ্য- ৰণনীতিগত মতদানৰ ক্ষেত্ৰত যদি মতদাতাৰ সংখ্যা অযুগ্ম, প্ৰত্যক্ষ গণতন্ত্ৰ আৰু ৰণনীতিগত মতদানৰ চৰ্ত পূৰ্ণ হৈছে, আৰু প্ৰত্যেক মতদাতাৰ অগ্ৰাধিকাৰ সম্বন্ধ এক-শৃংগযুক্ত, নীতিৰ ক্ৰম ত, তেন্তে অকপট মতদান প্ৰত্যেক মতদাতাৰ বাবে দুৰ্বলভাৱে আধিপত্যবাদী আৰু এনে এটি মাত্ৰ দুৰ্বলভাৱে আধিপত্যবাদী ৰণনীতি আছে, আৰু তাৰ এটি সদস্য মাধ্যিকা মতদাতাৰ পৰমানন্দ বিন্দু, সদস্যসমূহ কণ্ডৰ্চে বিজেতা হিচাপে আছে। প্ৰমাণ যিহেতু প্ৰত্যক্ষ গণতন্ত্ৰৰ চৰ্ত পূৰ্ণ হৈছে, সেয়ে ভোট গণনা ফলন এনে যাতে সদায় গৰিষ্ঠসংখ্যকে ভোট দিয়া প্ৰতিদ্বন্দ্বী বিজয়ী হ'ব। এই ফলনক আখ্যা দিওঁ। দুটি নীতি গণ্য কৰক, আৰু এজন মতদাতা ধৰি লওক যে দুটি পৰিস্থিতি উৎপন্ন হ'ব পাৰে। পৰিস্থিতি ১: বা অৰ্থাৎ, মতদাতা এ যাকেই ভোট নিদিয়ক কিয়, নিৰ্বাচনৰ পৰিণাম সলনি নহয়। এনে ক্ষেত্ৰত মতদাতা ৰ বাবে দুয়ো প্ৰতিদ্বন্দ্বীক ভোট দিয়াৰ পৰা লাভ কৰা উপযোগিতা সমান। ইয়াৰ অৰ্থ হ'ল, নিজৰ পচন্দৰ নীতি ক ভোট দিয়াৰ কোনো লোকচান নাই। পৰিস্থিতি ২: ধৰি লওক যদি মতদাতা এ ক ভোট দিয়ে আৰু যদি মতদাতা এ ক ভোট নিদিয়ে। এনে ক্ষেত্ৰত, মতদাতাজনে নিজৰ প্ৰিয় প্ৰতিদ্বন্দ্বী ক ভোট দিলে অধিক উপযোগিতা লাভ কৰিব। দুয়ো পৰিস্থিতিতেই, ক ভোট দিয়া অন্ততঃ ক ভোট দিয়াতকৈ বেয়া নহয়, আৰু পৰিস্থিতি ২ত, ই নিশ্চিত ৰূপত অধিক উপযোগী। সেয়ে ক ভোট দিয়া, অৰ্থাৎ নিজৰ প্ৰিয় প্ৰতিদ্বন্দ্বীক ভোট দিয়া বা অকপট মতদান কৰা ভোটাৰজনৰ বাবে দুৰ্বলভাৱে আধিপত্যবাদী। যিহেতু এই যুক্তি প্ৰত্যেকজন মতদাতাৰ ক্ষেত্ৰতে প্ৰযোজ্য, সেয়ে যদি আমি ধৰি লওঁ যে প্ৰত্যেক মতদাতা তৰ্কসংগত আৰু নিজৰ দুৰ্বলভাৱে আধিপত্যবাদী নীতি চয়ন কৰে, তেন্তে প্ৰত্যেক মতদাতাই অকপটভাৱে মতদান কৰিব। আৰু অকপটভাৱে মতদান কৰিলে মাধ্যিকা মতদাতাৰ পৰমানন্দ বিন্দু কণ্ডৰ্চে বিজেতা বুলি ইতিমধ্যেই পূৰ্বৰ দফাত প্ৰমাণ কৰা হৈছে। তথ্য সংগ্ৰহ লগতে লাওক কল্যাণ অৰ্থনীতিৰ মৌলিক উপপাদ্য নাশ্ব সাম্যাৱস্থা উপভোক্তা আচৰণ তত্ত্ব উৎপাদকৰ আচৰণৰ তত্ত্ব সেন সূচক অৰ্থনীতি ৰাজনীতি বিজ্ঞান গণিত
3928
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A7%B1%E0%A6%A4%E0%A6%BF%20%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A6%BE%E0%A6%A6%20%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE
পাৰ্ৱতি প্ৰসাদ বৰুৱা
পাৰ্ৱতি প্ৰসাদ বৰুৱা আছিল অসমৰ এগৰাকী সাহিত্যিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ-নিৰ্মাতা আৰু নাট্যকাৰ। তেখেত পৰিচিত আছিল গীতিকবি ৰূপে।তেখেতে ১৯৪০ চনত ৰূপহী নিৰ্মাণ কৰি উলিয়াইছিল। ৰূপহী আছিল চতুৰ্থখন অসমীয়া ছবি। কেৱল ছবি নিৰ্মাণেই নহয়, তেখেতে ছবিত অভিনয়ো কৰিছিল। ছাত্ৰাৱস্থাতেই তেখেতে 'থুপিতৰা' নাম দি এখন হাতেলিখা আলোচনী উলিয়াইছিল। 'থুপিতৰা' বন্ধ হ'লত সৰু ভায়েক মোক্ষদা প্ৰসাদৰ সম্পাদনাত 'ঘৰ-জেউতি' লিখি উলিয়াইছিল। পাৰ্ৱতি প্ৰসাদ বৰুৱাই ১৯৬১ চনত গোৱালপাৰাত বহা অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতিৰ পদ অলঙ্কৃত কৰিছিল। জন্ম আৰু বংশ পৰিচয় পাৰ্ৱতি প্ৰসাদৰ পূৰ্বপুৰুষ আছিল কৃষ্ণদাস। তেওঁ বৰ বাৰভূঞাৰ লহকৰ ভূঞাৰ ফৈদৰ সন্তান আছিল। চন্দ্ৰকান্ত সিংহৰ দিনত কৃষ্ণদাসে 'ভড়ালী বৰুৱা' আৰু কৃষ্ণদাসৰ পুত্ৰ যাদুৰাম বৰুৱাই 'বৰ ভাণ্ডাৰ বিষয়া' পায়। খীণ-মিন শৰীৰৰ বাবে তেওঁক 'লেৰেলি ডেকা বৰুৱা'ও বোলা হৈছিল। যাদুৰাম ডেকা বৰুৱাই ব্ৰিটিছৰ শাসনকালত 'মনসুপ্' আৰু 'সদৰামিন'ৰ বিষয় খাইছিল। যাদুৰাম ডেকাবৰুৱাৰ পুত্ৰদ্বয় ক্ৰমে কৃষ্ণপ্ৰসাদ আৰু দুৰ্গাপ্ৰসাদ। দুৰ্গাপ্ৰসাদৰ তিনিজন পুত্ৰ ৰাধিকাপ্ৰসাদ, ভৱানীপ্ৰসাদ আৰু তাৰিণীপ্ৰসাদ। এই ৰাধিকাপ্ৰসাদে ১৮৯৮ শকত যোৰহাটৰ বিষ্ণুৰাম বৰুৱাৰ দ্বিতীয়া কন্যা হিমলা বৰুৱাক বিয়া কৰায় আৰু তেওঁলোকৰে সন্তান পাৰ্ৱতি প্ৰসাদ বৰুৱা। ১৯০৪ চনৰ ১৯ আগষ্ট তাৰিখে শিৱসাগৰ জিলাত পাৰ্ৱতি প্ৰসাদৰ জন্ম হয়। তেওঁৰ তিনিজন ককাই-ভাই আৰু এগৰাকী বাইদেৱেক। তেওঁলোক ক্ৰমে ভগৱতীপ্ৰসাদ বৰুৱা, কমলা বৰুৱা, কামাখ্যাপ্ৰসাদ, মোক্ষদপ্ৰসাদ, সুধালতা বৰুৱা আৰু প্ৰতিমা। সুধালতা আৰু প্ৰতিমা পাৰ্ৱতি প্ৰসাদৰ ভনী। পাৰ্ৱতি প্ৰসাদৰ পিতাক ৰাধিকাপ্ৰসাদ অসম কাউন্সিলৰ সদস্য আছিল আৰু তেখেতে 'ৰায় চাহেব' উপাধি লাভ কৰিছিল। ১৯৩৪ চনত পাৰ্ৱতি প্ৰসাদে পদ্মকুমাৰী বৰুৱানীৰ পাণি গ্ৰহণ কৰে। তেওঁলোকৰ বৰ জীয়ৰী সান্ত্বনা বৰুৱা আৰু পুত্ৰ প্ৰণৱিৰাম বৰুৱা। শিক্ষা আৰু কৰ্মজীৱন পাৰ্ৱতি প্ৰসাদে শিৱসাগৰৰ ফুলেশ্বৰী ল'ৰা উচ্চ বিদ্যালয়ত অধ্যয়ন কৰিছিল। তাৰপিছত ১৯২১ চনত তেখেতে কটন কলেজত বিজ্ঞান শাখাত নাম ভৰ্তি কৰি কলেজীয়া জীৱনৰ পাতনি মেলে। আই, এছ, চি পৰীক্ষা পাছ কৰাৰ পাছত তেখেতৰ মন বিজ্ঞানৰপৰা কলা শাখালৈ সলনি হয়। ১৯২৫ চনত তেওঁ উচ্চ শিক্ষা লাভ কৰিবলৈ কলিকতালৈ যায় আৰু তাতে স্কটিছ চাৰ্চ কলেজত বি.এ শ্ৰেণীত নাম লগায়। বিনন্দ চন্দ্ৰ বৰুৱা, তুলসীনাৰায়ণ শৰ্মা আদি আছিল পাৰ্ৱতি প্ৰসাদৰ সহপাঠী। বৈষয়িক জীৱনত পাৰ্ৱতি প্ৰসাদ আছিল চাহ খেতিয়ক। পাৰ্ৱতি প্ৰসাদৰ ককাক দুৰ্গাপ্ৰসাদ আছিল বৃহৎ অভয়াপুৰী মৌজাৰ চাহ-ব্যৱসায়ী। ১৯২৯ চনত মোমায়েকৰ চাহ বাগান 'সৰু-চৰাই'ত কাম শিকি পাৰ্ৱতি বৰুৱাই এপ্ৰেণ্টিছ হৈ বাগিচাত কৰ্মজীৱনৰ পাতনি মেলে। যোৰহাটত পৰ্যায়ক্ৰমে ৩খন বাগিচাৰ মেনেজাৰ পদ চম্ভালি পিছত ৭বছৰ কাল তেওঁ ৰজাবাৰী বাগিচাৰ মেনেজাৰ হৈ থাকে। ১৯৩৯ চনত তেওঁ ৰাইডাং চাহ-বাগিচা কিনি লয় আৰু ৰজাবাৰীৰ কাম এৰি দিয়ে। ১৯৪৭ চনত সোণালি চাহ বাগিচা কিনি লয় আৰু চলোৱাৰ ভাৰ লয়। জীৱনৰ শেহৰ দিনকেইটা তেখেতে সোণাৰিৰ সোণালী পামত কটাইছিল। পাৰ্ৱতি প্ৰসাদ কিছু দিনৰ বাবে লোকেল বৰ্ডৰো সদস্য হৈ আছিল। কলেজত পঢ়ি থকা সময়তে পাৰ্ৱতি প্ৰসাদে অসম ছাত্ৰ সন্মিলনত যোগ দিছিল। তেতিয়া অসম ছাত্ৰ সন্মিলনৰ সম্পাদক আছিল ডিম্বেশ্বৰ নেওগ। "১৯২৯ চনত, শৰত কালৰ এটি পূৰ্ণিমা ৰাতিত সৰু চৰাই চাহ-বাগিচাৰ বৰ বঙলাৰ আগফালে এজোপা পুলি খাজুৰী গছৰ তলত পাৰ্ৱতি প্ৰসাদে জোনাকী মেলৰ পাতনি মেলে। পিছলৈ এই মেলে অসম সাহিত্য সভাৰ এটা শাখা হৈ অসমীয়া ভাষা-সাহিত্যৰ উন্নতি আৰু বিকাশত সহায় কৰে।" জোনাকী মেলৰ উদ্দেশ্য আছিল সাহিত্য চৰ্চা। জোনাকী মেলেৰে অসম সাহিত্য সভাৰ লগত জড়িত হৈ পাৰ্ৱতি প্ৰসাদে মহেশ্বৰ নেওগৰ সভাপতিত্বৰ কালত অসম সাহিত্য সভাৰ এটি ভৱন নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে আৰু প্ৰয়াত ককায়েক ভগৱতীপ্ৰসাদ বৰুৱাৰ নামত ভৱনটি নিৰ্মাণৰ বাবে পঞ্চাশ হাজাৰ টকা দান কৰে। পাৰ্ৱতি প্ৰসাদৰ সহায় আৰু কিছু চৰকাৰী অনুদান মিলাই অসম সাহিত্য সভাৰ ভগৱতীপ্ৰসাদ বৰুৱা ভৱননিৰ্মাণ হয়। অসমত সংগীতৰ প্ৰসাৰ আৰু বিকাশৰ অৰ্থে অসম সংগীত নাটক একাডেমীয়ে বিশেষ ভূমিকা লোৱাত পাৰ্ৱতি প্ৰসাদে গুৰুত্ব দিছিল। ১৯৬২ চনৰ চীনা আক্ৰমণৰ সময়ত প্ৰতিৰক্ষা কাৰ্যসূচী ৰূপে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ হকে ড॰ ভূপেন হাজৰিকাৰে লগ হৈ পাৰ্ৱতি বৰুৱাই ট্ৰাক এখনত উঠি দেশপ্ৰেমমূলক গীত গাই গুৱাহাটীৰ বাট-পথত ঘূৰি ফুৰিছিল। পাৰ্ৱতি প্ৰসাদে কৈছে; "আপুনি যদি আপোনাৰ নিজত্বটো প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে তেনেহ'লে আপোনাৰ আইগৰাকী দুখীয়া নিছলা হ'লেও আই বুলি মাতিবলৈ লাজ পালে নচলিব। আপুনি আমাৰ সকলো বিষয়তে এই নিজৰ ভেটি বিচৰাটোৱেই হৈছে প্ৰথম প্ৰয়োজনৰ কথা- আমাৰ জাতীয়তা ৰক্ষা কৰিবলৈ হ'লে।" সাহিত্যকৰ্ম শিৱসাগৰৰ নাট্যমঞ্চত সঙ্গীত পৰিবেশনৰ সৈতে জড়িত থকা সময়তে তেওঁ নৃত্যনাটিকা ‘লখিমী’ আৰু গীতি-নাটিকা ‘সোণৰ সোলেং’ ৰচনা কৰে। অসমীয়া সংগীত-সাহিত্যৰ নৱজাগৰণৰ সময়ত পাৰ্ৱতি প্ৰসাদে ‘গুণগুণনি’, ‘লুইতী’, ‘শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল' আদি গীতৰ পুথি ৰচিছিল। তেখেতে ৰচনা কৰা গীতসমূহক "পাৰ্ৱতি সংগীত" বুলি কোৱা হয়। প্ৰকাশিত গ্ৰন্থ কবিতা, গীত আৰু সুৰীয়া নাট মৌ টোকাৰী (১৮৪৮ শক, অপ্ৰকাশিত) লখিমী(৫ আঘোণ, ১৮৫৩) খেল ভঙা খেল (নৱেম্বৰ, ১৯৬৯) সোণৰ সোলেঙ (ব'হাগ, ১৮৭৭) গুণগুণনি (১৮৭৯ শক) ভঙা টোকাৰীৰ সুৰ (ব'হাগ, ১৮৮১) লুইতী (ব'হাগ, ১৮৮১ শক) শুকুলা ডাৱৰ ঐ কহুঁৱা ফুল (১৯৬৩) ময়াপী (অপ্ৰকাশিত গীতৰ সংকলন) সুৰ চানেকি গদ্য ৰচনা কলা-সংস্কৃতি সমিধান ৰূপকোঁৱৰৰ কথা শিল্প সম্পৰ্কে একাষাৰ শিক্ষকসকললৈ বিদায় সম্বৰ্ধনাৰ প্ৰত্যুত্তৰ সম্বৰ্ধনাৰ প্ৰত্যুত্তৰ জোনাকী মেল নাট্য প্ৰতিভা ১৯১৩ চনত ৯ বছৰ বয়সতে পাৰ্ৱতি প্ৰসাদে নাট্য প্ৰতিভাৰ পৰিচয় দিয়ে। ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত অনুষ্ঠিত জয়মতী উৎসৱত তেওঁ 'লাই কোঁৱৰ'ৰ ভূমিকাত অৱত্তীৰ্ণ হৈ ৰাইজক চমক খুৱায়। ইয়াৰোপৰি তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শোণিত কুঁৱৰী নাটকত চিত্ৰলেখা, বেজবৰুৱাৰ চক্ৰধ্বজ সিংহ নাটত লাচিত, বিসৰ্জন নাটত ৰাম, ৰাজনটীত পালক আদি ভাও কৰি অভিনেতা ৰূপে প্ৰশংসা বুটলিছিল। 'শোণিত কুঁৱৰী'ত অভিনয় প্ৰসংগত পাৱৰ্তি প্ৰসাদে 'ৰূপকোঁৱৰ কথা'ত উল্লেখ কৰিছে এনেদৰে- "নাটৰ অভিনয়ত গীতৰ সুৰ আৰু নাচৰ ভংগীৰ নতুনত্বই দৰ্শকসকলক ইমান মোহিত কৰিলে যে, তেতিয়াৰ দিনত একে বছৰতে নাটখনি কেইবাবাৰো অভিনীত হৈছিল।" পাৰ্ৱতি বৰুৱাৰ সংবেদনশীল অভিনয় প্ৰতিভাৰ বুজ পাইছিল জ্যোতিপ্ৰসাদেও। সেয়ে জ্যোতিৰ দ্বাৰা পৰিচালিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ 'জয়মতী'ত অভিনয় কৰিবলৈ জ্যোতিয়ে পাৰ্ৱতি প্ৰসাদক মাতি পঠিয়াইছিল। অৱশ্যে সেইসময়ত প্ৰয়াত ককাইদেৱেক ভগৱতীপ্ৰসাদৰ অকাল বিয়োগে পাৰ্ৱতি প্ৰসাদ ইমান শোকাতুৰ কৰি তুলিছিল যে তেওঁ জ্যোতিৰ আমন্ত্ৰণ প্ৰত্যাখ্যান কৰিছিল। ককায়েকৰ মৃত্যুৱে তেওঁৰ মন-প্ৰাণৰ বিস্তৰ ক্ষতি কৰিলতো ক্ষান্ত নহৈ গভীৰ অন্ধকাৰৰ মাজত 'সোণৰ সোলেং' বিচাৰি সু-অভিনেতা পাৰ্ৱতি প্ৰসাদে ১৯৪০ চনত নিৰ্মাণ কৰিবলৈ লয় 'ৰূপহী' চলচ্চিত্ৰ। কেমেৰাৰ কামত খুঁত ৰৈ যোৱা বাবে সফলতাৰ মুখ নেদেখিলে যদিও 'ৰূপহী' হৈছে অসমীয়া ভাষাৰ চতুৰ্থখন চলচ্চিত্ৰ। ৰূপহী ছবিখন সজোৱা হৈছিল সাতোটা গীতেৰে আৰু গোটেইকেইটা গীত লেখিছিল পাৰ্ৱতি প্ৰসাদে নিজে। ইয়াৰে 'হাতৰ হেৰুৱা ধন বাটত হেৰা পায়/বাট পাহৰা বাটৰুৱা ঘৰ বিচাৰি যায়' গীতটিত পাৱৰ্তি প্ৰসাদে কণ্ঠদান কৰিছিল। কমলেশ্বৰ চলিহাৰ 'সাধু'ৰ আধাৰত নিৰ্মিত ৰূপহীৰ প্ৰযোজনা, চিত্ৰনাট্য, গীত, সুৰ আৰু পৰিচালনা পাৰ্ৱতি প্ৰসাদৰ। তেওঁ নিজে এইখন চিনেমাত অভিনয়ো কৰিছিল। নৃত্যশিল্পী ৰূপে পাৰ্ৱতি প্ৰসাদ বৰুৱা বহুমুখী প্ৰতিভাধৰ পাৰ্ৱতি প্ৰসাদে শোণিত কুঁৱৰী নাটত চিত্ৰলেখাৰ চৰিত্ৰত অভিনয় কৰোঁতে নৃত্য কৰিছিল। তেখেতে সৃষ্টিমূলক নাচৰ আদৰ্শ গ্ৰহণ কৰিছিল সত্ৰীয়া নৃত্যৰপৰা। আনন্দ চন্দ্ৰ বৰুৱালৈ লিখা এখন চিঠিত তেওঁ "কলেজৰ পৰা আহি ১৯২৮ চনত শ্বিলঙত আছাম ক্লাৱত প্ৰথম প্ৰাচ্য নৃত্য লাস্য আৰু তাণ্ডৱ নাচি খুব নাম কৰিছিলোঁ।" বুলি উল্লেখ কৰিছে। অতুল চন্দ্ৰ হাজৰিকাদেৱে লিখিছে- "পাৰ্ৱতি প্ৰসাদে ১৯২৬ চনত সত্ৰীয়া নৃত্যৰ আৰ্হিত প্ৰাচ্য নৃত্য, নিজৰী নাচ (লাস্য) আৰু সৃষ্টি নাচ (তাণ্ডৱ) প্ৰৱৰ্তন কৰি অসমীয়া নৃত্য-জগতত এটি নতুন ধাৰাৰ সৃষ্টি কৰিছিল। পাৰ্ৱতি প্ৰসাদৰ 'চতাই পৰেবতৰ নাগিনী ছোৱালী' নাচটো জ্যোতিপ্ৰসাদৰ 'পদুমকলি' নাচৰ সমপৰ্যায়ৰ।" মৃত্যু ১৯৬৪ চনত দুবাৰকৈ ৰক্তচাপত ভোগাৰ ফলত তেওঁ ৭ জুনৰ দিনা ইহলীলা সম্বৰণ কৰে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ পাৰ্ৱতী প্ৰসাদ বৰুৱা কেন্দ্ৰিক ৱেৱছাইট শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল অসমৰ ব্যক্তি মৃত ব্যক্তি অসমীয়া কবি অসমীয়া নাট্যকাৰ অসমীয়া ভাষাৰ গীতিকাৰ অসমৰ চলচ্চিত্ৰ পৰিচালক অসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালক অসমীয়া চলচ্চিত্ৰৰ সংগীত
54258
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0%20%E0%A6%AD%E0%A7%81%E0%A7%B1%E0%A6%BE%20%E0%A6%AC%E0%A6%BE%E0%A6%A4%E0%A7%B0%E0%A6%BF
ভাৰতৰ ভুৱা বাতৰি
ভাৰতৰ ভুৱা বাতৰি দেশখনৰ যিবোৰ মিছা খবৰ আৰু অপপ্ৰচাৰ মানুহৰ মুখেমুখে, পৰম্পৰাগত মাধ্যমবোৰৰ যোগেদি বা শেহতীয়াকৈ ডিজিটেল মাধ্যমৰ বিভিন্ন ৰূপত, যেনে সম্পাদিত ভিডিঅ’, মিম, অপৰীক্ষিত বিজ্ঞাপন আৰু সামাজিক মাধ্যমত ৰতনা হোৱা গুজৱ আদিৰ যোগেদি বিয়পি পৰে, সেইবোৰেই ভাৰতৰ ভুৱা বাতৰি। সামাজিক মাধ্যমৰ যোগেদি বিয়পি পৰা ভুৱা বাতৰি দেশখনৰ কাৰণে এক জটিল সমস্যা হৈ দেখা দিছে, যিয়ে জনতাক হিংসাত্মক হোৱাৰ প্ৰতিও প্ৰৰোচিত কৰিব পাৰে। ২০১৮ত সামাজিক মাধ্যমৰ যোগেদি বিয়পি পৰা ভুৱা বাতৰিৰ বাবে কমেও ২০ জন মানুহৰ মৃত্যু হৈছিল। ৰয়টাৰ ইন্সটিটিউট ফৰ দ্য ষ্টাডী অৱ জাৰ্ণেলিজিমৰ -এ ভাবে যে “পশ্চিমীয়া দেশৰ তুলনাত ভাৰতবৰ্ষৰ দৰে এখন দেশৰ বাবে গুজৱ বেছি জটিল আৰু প্ৰত্যহ্বানমূলক। ইণ্টাৰনেটৰ ব্যৱহাৰ বঢ়াৰ সমান্তৰালকৈ সামাজিক মাধ্যমৰ যোগেদি বিয়পা ভুৱা বাতৰিৰ বাবে হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণো বাঢ়িছে। ২০১২ৰ ১৩৭০ লাখ ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যাৰ বিপৰীতে ২০১৯ত ৬০০০ লাখতকৈও অধিক হৈছেগৈ। ২৩০০ লাখ ব্যৱহাৰকাৰীৰে ভাৰত হ’ল হোৱাটচএপৰ আটাইতকৈ ডাঙৰ বজাৰ আৰু ই ভুৱা বাতৰি বিয়পোৱাৰো এখন মূল মঞ্চ। সচেতনতাৰ অভাৱত মানুহে সামাজিক মাধ্যমৰ যোগেদি তেওঁ পোৱা বা দেখা যি যিকোনো বস্তুকে বাচ-বিচাৰ নকৰাকৈ শুদ্ধ বুলি ভবাটো এটা ডাঙৰ সমস্যা। ভুৱা বাতৰিৰ বিস্তাৰ আৰু প্ৰভাৱ ৰোধ কৰিবলৈ উদ্যোগ তথা অনুশীলন আৰম্ভ কৰা হৈছে। উদাহৰণ নিৰ্বাচনকেন্দ্ৰিক ভুৱা বাতৰি ২০১৯ৰ সাধাৰণ নিৰ্বাচনৰ সময়ত অত্যধিক ভুৱা বাতৰিৰ সৰবৰাহ হৈছিল। সমাজৰ সৰ্বস্তৰতে অসত্য, অৰ্ধসত্য তথ্যৰ সংবাদ বিয়পি পৰিছিল। এই নিৰ্বাচনটোত হোৱাটচ্এপৰ যোগেদি এনেকৈ অপপ্ৰচাৰ বিয়পাইছিল যে, যাৰবাবে বহুতে এইটোক ভাৰতৰ “প্ৰথম হোৱাটচ্এপ নিৰ্বাচন” বুলি অভিহিত কৰিছিল। ৰাজনৈতিক দলবোৰে ভুৱা বাতৰিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। ভাৰতত ২৩টা অনুসূচীভূক্ত ভাষা আছে; যাৰবাবে ফেচবুক, গুগল আদিৰ দৰে বহুজাতিক প্ৰতিষ্ঠানবোৰে তথ্যসমূহ পৰীক্ষা কৰি চোৱাত অসুবিধা পায়। তাৰে ভিতৰত মাত্ৰ দহটা ভাষাৰ পোষ্টসমূহ পৰীক্ষা কৰাৰ বাবে ফেচবুকে ভাৰাতীয় কৰ্মী নিয়োগ কৰিছিল। কিন্তু পোষ্টৰ বিপৰীতে কৰ্মীৰ সংখ্যা বহু কম আছিল। এই ভাষাসমূহৰ ভিতৰত ওড়িয়া, সিন্ধ্ৰি আৰু কানাড়া ভাষাৰ পোষ্টসমূহ সামান্যও পৰীক্ষা কৰা হোৱা নাছিল। তথাপি ফেচবুকে নিৰ্বাচনৰ আগত প্ৰতিদিনে ১০ লাখকৈ ভুৱা খবৰ আৰু গুজৱ বিয়পোৱা একাউণ্ট বন্ধ কৰি দিছিল। কাশ্মীৰ জম্মু আৰু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰাৰ পিছত ৰাজ্যখনৰ জনসাধাৰণে কেনে জীয়াতু ভুগিছিল, সামগ্ৰী সৰবৰাহ বাধাগ্ৰস্থ হৈছিল নে নাই বা অন্যান্য প্ৰশাসনিক বিষয়বোৰৰ সংক্ৰান্তত গুজৱ বিয়পি পৰিছিল। টুইটাৰ যোগে অপপ্ৰচাৰ চলাই থকা বাবে ভাৰত চৰকাৰে ৮ টাকৈ টুইটাৰ হেণ্ডেল বন্ধ কৰি দিবলৈ টুইটাৰলৈ লিখিছিল। তাৰে ৪টা হেণ্ডেল ভাৰতবিৰোধী অপপ্ৰচাৰ চলাই থকা বাবে টুইটাৰে নিলম্বন কৰিছিল। ভাৰতীয় সেনাই কাশ্মীৰীসকলৰ ঘৰ জ্বলাই দিয়া বুলি যি খবৰ ওলাইছিল, শ্বেহলা ৰচিদে টুইটাৰ যোগে কাশ্মীৰীসকলক নিগ্ৰহৰ যি অভিযোগ কৰিছিল, এই সকলোবোৰ সেনা আৰু বাতৰি প্ৰতিষ্ঠান ইণ্ডিয়া টুডেই অস্বীকাৰ কৰিছিল। আনহাতে দি নিউয়ৰ্ক টাইমচে লিখিছিল যে দিল্লীয়ে উপত্যাকাটোত সাধাৰণ অৱস্থা চলি থকা বুলি এখন ছবি দাঙি ধৰিছে, অথচ “কাশ্মীৰত দায়িত্ব পালন কৰি থকা সুৰক্ষা কৰ্মীয়ে জনাইছে যে তেওঁলোক বৃহৎ বিৰোধৰ সন্মুখীন হ'বলগীয়া হৈছে। কাকতখনে ৰবি কান্ত নামৰ সেনা এজনৰ ভাষ্যৰ উদ্ধৃতি দিছে, “এডজন, দুডজন, আনকি তাতকৈও বেছি মানুহৰ জাকে, য'ত কেতিয়াবা মহিলাও থাকে, বাহিৰলৈ ওলাই আহে আৰু আমালৈ শিলগুটি দলিয়াই দৌৰ মাৰে। ভাৰতৰ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ক জনাইছিল যে ৫ আগষ্টৰ পিছত কাশ্মীৰত সুৰক্ষা বাহিনীয়ে এটাও গুলি চলোৱা নাই। তাৰ বিপৰীতে বিবিচিয়ে অন্য ধৰণে কৈছে। উচ্চতম ন্যায়ালয়ে ক’বলৈ বাধ্য হৈছে যে সাধাৰণ অৱস্থা ঘূৰাই আনিবলৈ কেন্দ্ৰ চৰকাৰে যিমান পাৰে সোনকালে যথা-সম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্য উদাহৰণ ২০১৮ৰ ১১ জুন তাৰিখে অসমৰ কাৰ্বি আংলঙত হোৱাটচএপ যোগে ফৰৱাৰ্ড হোৱা এটা অসত্য বাতৰিৰ দ্বাৰা প্ৰভাৱান্বিত হৈ অভিজিত দাস আৰু নিলোৎপল নাথ নামৰ দুজন যুৱক জনৰোষৰ বলি হৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। ২০১৩ৰ মুজফ্ফৰপুৰ সংঘৰ্ষত ৬০ জন লোকৰ মৃত্যু আৰু বহুতো লোক গৃহহীন হোৱা বুলি কোৱা হয়। এই সংঘৰ্ষত ইন্ধন যোগাইছিল হোৱাটচএপ যোগে প্ৰচাৰ হোৱা এটা ভিডিঅ'। ভুৱা বাতৰিৰ বিৰুদ্ধে সংগ্ৰাম ইণ্টাৰনেট সেৱা বন্ধ কৰি দি চৰকাৰে কেতিয়াবা সামাজিক মাধ্যম যোগে গুজৱ বিয়পি পৰাটো নিয়ন্ত্ৰণ কৰে। তামিলনাডুৰ এটৰ্নী জেনেৰেলে ৰাজ্য চৰকাৰৰ হৈ পৰামৰ্শ আগবঢ়াইছিল যে সামাজিক মাধ্যমৰ একাউণ্টবোৰ আধাৰেৰে সংযুক্ত কৰিব লাগে। ভাৰতৰ কিছুমান অঞ্চলত, বিশেষকৈ কেৰালাৰ কুন্নৰত চৰকাৰী বিদ্যালয়বোৰত ভুৱা বাতৰি সম্পৰ্কীয় শ্ৰেণীৰ ব্যৱস্থা কৰিছে। কিছুমানে পৰামৰ্শ দিয়ে যে চৰকাৰে জনসাধাৰণৰ মাজত ভুৱা বাতৰি সম্পৰ্কে অধিক সচেতনতা আনিবলৈ চৰকাৰে জন-শিক্ষাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ লব লাগে। ২০১৮ চনত গুগলে ইংৰাজীকে ধৰি ৭টা ভাৰতীয় চৰকাৰী ভাষাৰ ৮০০০ সাংবাদিকক প্ৰশিক্ষণ দিবলৈ এটা কাৰ্যসূচীৰ উন্মোচন কৰে। এইটোৱে গুগলৰ প্ৰশিক্ষণৰ সৰ্ববৃহৎ উদ্যোগ, যিয়ে ভুৱা বাতৰি আৰু বাতৰিৰ সত্যতা প্ৰতিপন্ন কৰা সম্পৰ্কে সচেতনতা বৃদ্ধি কৰিব। তথ্যৰ পৰীক্ষণ ভাৰতত এক ব্যৱসায়ৰ ৰূপত গঢ় লব ধৰিছে। অল্ট্ নিউজ,বুম, ফেক্টলি, আদি ৱেৱচাইট নিৰ্মাণ হৈছে, যিয়ে তথ্য পৰীক্ষা কৰে। মেডিয়া হাউচবোৰৰো নিজা নিজা তথ্য পৰীক্ষণ বিভাগ আছে; যেনে ইণ্ডিয়া টুডে গ্ৰুপ আৰু টাইমচ্ ইণ্টাৰনেটৰ টি.ও.আই ফেক্টচেকিং, কুইণ্টৰ ৱেবকুফ। ইণ্টাৰনেট ফেক্টচেকিং নেটৱৰ্কৰ দ্বাৰা প্ৰত্যায়িত ইণ্ডিয়া টুডে গ্ৰুপ, বিশ্বাস নিউজ, ফেক্টলি নিউজমোবাইল আৰু ফেক্ট ক্ৰেচেণ্ডো ফেচবুকৰ তখ্য পৰীক্ষণ সহযোগী। তথ্য উৎস গ্ৰন্থপঞ্জী প্ৰতীক সিনহা (২০১৯)। প্ৰকাশক: হাৰপাৰ কলিনচ ইণ্ডিয়া লগতে পঢ়ক স্বাধীনোত্তৰ ভাৰত ভাৰতীয়
7111
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%BE
সংখ্যা
সংখ্যা হ’ল বাস্তৱ জগতৰ বস্তুবোৰৰ পৰিমাণ প্ৰতিকাত্মক ৰূপত প্ৰকাশ কৰাৰ পদ্ধতি। সংখ্যাবোৰ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা চিহ্নক অংক বোলা হয়। অংকক সংখ্যাৰূপে প্ৰকাশ কৰা নিয়মক সংখ্যা পদ্ধতি বোলা হয়। অংক, সংখ্যা আৰু ইহঁতক বাস্তৱজগতৰ তাত্বিক অনুৰূপত প্ৰকাশ কৰা আৰু সিহঁতৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে কৰা বিজ্ঞানসন্মত পদ্ধতিকে "গণিত" বোলা হয়। ইতিহাস আদিম মানৱৰ বিকাশৰ লগে লগে জীৱন-ধাৰণৰ পদ্ধতিৰ যেনে পশুপালন, কৃষিজীৱি সমাজত মাটিৰ ভাগ-বতৰা, সাংস্কৃতিক দিশত যেনে দলৰ সদস্য সংখ্যাৰ হিচাব ৰখা আদিৰ লগত খাপখুৱাই হিচাবৰ সহজ উপায়ৰ প্ৰয়োজন হৈ আহিল। সেয়ে বিকশিত মস্তিষ্কৰ মানৱে (উদাহৰণ স্বৰূপে) ছাগলী, গৰু আদিৰ হিচাপ ৰাখিবলৈ এটা জন্তুৰ বাবে এটা শিলগুটি বা কেতিয়াবা এটা বস্তুৰ বাবে এডাল ৰচীত বন্ধা এটা গাঠি আদি নিয়মত হিচাবৰ সৰলীকৰণ কৰিলে। ভৱিষ্যতে ইয়েই গৈ স্বাভাবিক সংখ্যা ৰূপে চিহ্ন আকাৰ লাভ কৰিলে। পৰবৰ্তী কালত ইয়াৰ আৰু বিকাশ ঘটিব। গণিতত প্ৰাচীন ভাৰতীয় সভ্যতাৰ বিশিষ্ট পণ্ডিত যেনে আৰ্য্যভট্ট, বৰাহমিহিৰ, খনাৱতী আদিয়ে শূন্যৰ ব্যৱহাৰ কৰি দশমিক পদ্ধতি প্ৰৱৰ্তন কৰে। আধুনিক গণিতৰ বিকাশত এই আৱিষ্কাৰৰ ভূমিকা অপৰিসীম। পাছৰ যুগত, পাট আৰু মছলাৰ বাণিজ্যৰ ফলত হোৱা সাংস্কৃতিক আদান-প্ৰদানৰ জৰিয়তে সংখ্যাজ্ঞান আৰবলৈ বিস্তাৰিত হয় আৰু অধিক বিকশিত হয়। বৰ্তমান দশমিক সংখ্যা প্ৰণালী আৰু গণিত বিষয়ৰ চৰ্চাৰ পশ্চিমীয়া শৈলী এই দুই সভ্যতাৰ গৱেষণাৰ ওপৰত আধাৰিত। বৰ্তমান যুগত সংখ্যা আৰু গণনাৰ ভূমিকা অপৰিহাৰ্য্য। বৈজ্ঞানীক কাৰ্য্যত ব্যৱহাৰ কৰিবলৈ ব্যৱহাৰ কৰা গণিতৰ মূল আধাৰ সংখ্যা। গণিতৰ বিভিন্ন ভাগ, যেনে বীজগণিত, সংখ্যাতত্ত্ব, কেলকুলাচ আদিত চৰ্চাত সংখ্যা প্ৰণালী এক অপৰিহাৰ্য্য অংগ। সংখ্যা প্ৰণালী সংখ্যা এটা বিভিন্ন প্ৰায়োগিক বা সাংকেতিক উপায়েৰে প্ৰকাশ কৰিব পৰা যায়। সংখ্যাৰ শ্ৰেণী বিভাজন সংখ্যা ধাৰণাৰ উৎপত্তি প্ৰস্তৰ যুগ বৰ্তমান গণিতৰ জন্ম হৈছিল গণনা শব্দৰ পৰা। গণনাৰ ধাৰণা পৰাই প্ৰথম সংখ্যা ব্যৱহাৰৰ প্ৰয়োজনীয়তা অনুভৱ হৈছিল যদিও সংখ্যাৰ জন্ম হৈছিল অনেক সময়ৰ পিছত। প্ৰাচীন প্ৰস্তৰ যুগত মানুহ যেতিয়া গুহাত বসবাস কৰিছিল তেতিয়াওঁ এক-দুই পৰ্যন্ত গণনা কৰিছিল বুলি ধাৰণা কৰা হয়। তেতিয়া পাৰিবাৰিক বা সামাজিক জীৱন ভালদৰে আৰম্ভ নহলেও পদাৰ্থৰ ৰূপ সম্বন্ধে তেওঁলোকৰ ধাৰণা আছিল। নৱ প্ৰস্তৰ যুগত মানুহে খাদ্য আহৰণ, উৎপাদন আৰু সঞ্চয় কৰিবলৈ আৰম্ভ কৰে। মাটি, কাঠ আৰু বয়ন শিল্পৰ প্ৰসাৰ ঘটে যাৰ অনেক নমুনা বৰ্তমান সময়ত আবিষ্কৃত হৈছে। অধিকাংশৰ মতে সেই সময়তেই ভাষাৰ বিকাশ ঘটে। ভাষাৰ যি বিকাশ হৈছিল তাৰ তুলনাত সংখ্যাত ধাৰণা আছিল বেছি স্পষ্ট। কিয়নো সংখ্যাবোৰৰ সদায় বিভিন্ন বস্তুৰ সৈতে সম্পৰ্ক থাকে। যেনে, পশুটো, দুই হাত, এযোৰ চৰাই, এটা মাছ, বহুটো গছ, সাতটা তৰা ইত্যাদি। আনকি অষ্ট্ৰেলিয়া, আমেৰিকা আৰু আফ্ৰিকাৰ অনেক ঠাইত আজিৰ পৰা মাত্ৰ দুশ বছৰ আগলৈকে এই ব্যৱস্থা আছিল। বিশুদ্ধ সংখ্যাৰ ধাৰণা "বিশুদ্ধ সংখ্যা" বুলি ক’লে বস্তু নিৰপেক্ষ সংখ্যাৰ ধাৰণাক বুজায়। প্ৰস্তৰ যুগৰ পৰাই আৰু অনেক সময়ত এই ধাৰণাৰ বিকাশ ঘটিছিল। এক বা দুইৰ সীমা চেৰাই আৰু ডাঙৰ সংখ্যা নিৰ্দেশ কৰোঁতে প্ৰথমে কেৱল যোগ ব্যৱহাৰ কৰা হৈছিল। পাছত লাহে লাহে যোগ আৰু গণনাৰ সহায়ত সৰুৰ পৰা ডাঙৰ সংখ্যাৰ দিশে যাবলৈ আৰম্ভ কৰে। দুটা অষ্ট্ৰেলীয় গোটৰ উদাহৰণ তলত দিয়া হ’ল:- মাৰে ৰিভাৰ গোট: এনিয়া (এক), পেচেভাল (দুই), পেচেভাল-এনিয়া (তিনি), পেচেভাল-পেচেভাল (চাৰি)। কামিলা ৰোই গোট: মাল (এক), বুলান (দুই), গুলিবা (তিনি), বুলান-বুলান (চাৰি), বুলান-গুলিবা (পাঁচ), গুলিবা-গুলিবা (ছয়)। বাণিজ্যৰ প্ৰসাৰৰ লগে লগে সংখ্যাৰ ধাৰণা স্পষ্ট হ’বলৈ আৰম্ভ হয় কাৰণ তেতিয়া হিচাপ সংৰক্ষণ প্ৰক্ৰিয়াৰ প্ৰয়োজন পৰে আৰু এটা গোটৰ লগত আৰু এক গোত্ৰৰ তথ্যৰ আদান প্ৰদান জৰুৰী হৈ উঠে। এটি স্পষ্ট সংখ্যা ধাৰণাৰ উদাহৰণ হিচাপে অসমীয়া সংখ্যা পদ্ধতিৰ কথা কব পাৰি য’ত দশমিক প্ৰণালী ব্যৱহাৰ কৰি সংখ্যা গণনা কৰা হয়। একৰ পৰা দহলৈকে এই সংখ্যাকেইটাক মূল সংখ্যা বোলা হয়। সংখ্যাক বিভিন্ন ব্যৱস্থাত প্ৰকাশ কৰা সম্ভৱ: দশমিক ব্যৱস্থা এই ব্যৱস্থাত সংখ্যাৰ এককটো অঙ্ক দহৰ এককটোৰ গুণিতক। অনেক এককক দহৰ বিভিন্ন গুণিতকত প্ৰকাশ কৰাৰ বাবে বিশেষ উপসৰ্গ আছে: কিলো মেগা গিগা টেৰা পেটা এক্সা জেত্তা ইয়ত্তা ডেচি ছেণ্টি মিলি মাইক্ৰো নেনো পিকো ফেম্টো অ্যাটো জেপ্টো দ্বৈত সংখ্যা ব্যৱস্থা দ্বৈত সংখ্যা ব্যৱস্থাত মাত্ৰ দুটা অংক, ০ আৰু ১ ব্যৱহাৰ কৰা হয়। যেনে, দশমিক ৬ সংখ্যাটি বাইনাৰিত প্ৰকাশিত হ’ব ১১০ হিচাপে। প্ৰতিটো অৱস্থানৰ গুৰুত্ব ২ কৰি অৰ্থাৎ ৬ ১* ২২+১* ২১+১* ২০। এই সংখ্যা পদ্ধতিৰ সুবিধা হ’ল বৈদ্যুতিক বৰ্তনীত খুব সহজেই বাইনাৰি সংখ্যাৰ হিচাপ কৰা যায়, ফলত কম্পিউটাৰ আৰু ডিজিটেল বৰ্তনীত এই সংখ্যা ব্যৱস্থাৰ ব্যাপক প্ৰচলন হৈ আহিছে। আৰু চাওক ভাৰতীয় সংখ্যা হিব্ৰু সংখ্যা আৰবিক সংখ্যা ৰোমান সংখ্যা সংখ্যাৰ তালিকা বিভিন্ন ভাষাৰ সংখ্যাৰ তালিকা তথ্য সংগ্ৰহ 1930. 23 1989, 0-15-543468-3. 1974, 0-387-90092-6. 1972. *56, 1910. 1961. বাহ্যিক সংযোগ 4, '4000 07/11/07, 3 4,
82438
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A7%81%E0%A7%B1%E0%A6%BE%20%E0%A6%AC%E0%A6%BE%E0%A6%A4%E0%A7%B0%E0%A6%BF
ভুৱা বাতৰি
ভুৱা বাতৰি হ’ল খবৰ হিচাপে উপস্থাপন কৰা ভুৱা বা বিভ্ৰান্তিকৰ তথ্য। ভুৱা বাতৰিৰ লক্ষ্য প্ৰায়ে কোনো ব্যক্তি বা সত্তাৰ সুনাম ক্ষতি কৰা, বা বিজ্ঞাপনৰ ৰাজহৰ জৰিয়তে ধন ঘটা। "ভুৱা বাতৰি" শব্দটো প্ৰথমবাৰৰ বাবে ১৮৯০ চনত ব্যৱহাৰ কৰা হৈছিল যেতিয়া বাতৰি কাকতত চাঞ্চল্যকৰ বাতৰি প্ৰকাশ পোৱা গৈছিল। তথাপিও এই শব্দটোৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাই আৰু যিকোনো ধৰণৰ ভুৱা তথ্যৰ ক্ষেত্ৰত ইয়াক ব্যাপকভাৱে প্ৰয়োগ কৰা হৈছে। হাই-প্ৰফাইল মানুহেও ইয়াৰ প্ৰতিকূল যিকোনো বাতৰিত আবেদন কৰিবলৈ ব্যৱহাৰ কৰি আহিছে। তদুপৰি, মিছা তথ্যৰ লগত ক্ষতিকাৰক উদ্দেশ্যেৰে ভুৱা তথ্য প্ৰচাৰ কৰাটো জড়িত হৈ থাকে আৰু ইয়াক কেতিয়াবা শত্ৰুতাপূৰ্ণ বিদেশী অভিনেতাসকলে সৃষ্টি আৰু প্ৰচাৰ কৰে, বিশেষকৈ নিৰ্বাচনৰ সময়ত। কিছুমান সংজ্ঞাত ভুৱা বাতৰিত প্ৰকৃত বুলি ভুল ব্যাখ্যা কৰা ব্যংগমূলক প্ৰবন্ধ আৰু লিখনিত সমৰ্থিত নোহোৱা চাঞ্চল্যবাদী বা ক্লিকবেটৰ শিৰোনাম ব্যৱহাৰ কৰা প্ৰবন্ধ অন্তৰ্ভুক্ত কৰা হয়। ভুৱা বাতৰি শব্দটোৰ লগত জড়িত হৈ থকা এই ধৰণৰ বৈচিত্ৰ্যৰ বাবে গৱেষকসকলে তথ্য বিকাৰক অধিক নিৰপেক্ষ আৰু তথ্যসমৃদ্ধ শব্দ হিচাপে গ্ৰহণ কৰিবলৈ প্ৰৱণতা দেখুৱাইছে৷ শেহতীয়াকৈ ছ’চিয়েল মিডিয়া, বিশেষকৈ ফেচবুক নিউজ ফিডৰ উত্থানৰ লগে লগে ভুৱা বাতৰিৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে আৰু এই ভুল তথ্য ক্ৰমান্বয়ে মূলসুঁতিৰ সংবাদ মাধ্যমত সোমাই পৰিছে। ভুৱা বাতৰিৰ প্ৰসাৰৰ লগত কেইবাটাও কাৰক জড়িত হৈ আছে, যেনে: ৰাজনৈতিক মেৰুকৰণ, সত্যৰ পিছৰ ৰাজনীতি, প্ৰেৰিত যুক্তি, নিশ্চিতকৰণ পক্ষপাতিতা, আৰু ছ'চিয়েল মিডিয়াৰ এলগৰিথম। ভুৱা বাতৰিয়ে প্ৰকৃত বাতৰিৰ লগত প্ৰতিযোগিতা কৰি ইয়াৰ প্ৰভাৱ কম কৰিব পাৰে। উদাহৰণস্বৰূপে, বাজফিডৰ এটা বিশ্লেষণত দেখা গৈছে যে ২০১৬ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিষয়ে শীৰ্ষ ভুৱা বাতৰিবোৰে প্ৰধান সংবাদ মাধ্যমৰ শীৰ্ষ বাতৰিতকৈ ফেচবুকত অধিক এংগেজমেণ্ট লাভ কৰিছিল। ইয়াৰ উপৰিও বিশেষকৈ গুৰুতৰ সংবাদ মাধ্যমৰ কভাৰেজৰ ওপৰত থকা আস্থাক ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনাও আছে। এই শব্দটো কেতিয়াবা বিশ্বাসযোগ্য বাতৰিৰ ওপৰত সন্দেহৰ সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হৈছে আৰু আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ বিষয়ে যিকোনো নেতিবাচক প্ৰেছ কভাৰেজক বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰি এই শব্দটো জনপ্ৰিয় কৰাৰ কৃতিত্ব লাভ কৰিছে। ট্ৰাম্পৰ অপব্যৱহাৰৰ বাবেই ইয়াক ক্ৰমান্বয়ে সমালোচনা কৰা হৈছে৷ ব্ৰিটিছ চৰকাৰে এই শব্দটো এৰাই চলাৰ সিদ্ধান্ত লৈছে, কিয়নো ই “অসুবিধাজনকভাৱে সংজ্ঞায়িত” আৰু “প্ৰকৃত ভুলৰ পৰা আৰম্ভ কৰি বিদেশী হস্তক্ষেপলৈকে বিভিন্ন ধৰণৰ ভুৱা তথ্যৰ সংমিশ্ৰণ ঘটায়”। ভুৱা বাতৰিৰ বিৰুদ্ধে যুঁজ দিয়াৰ একাধিক কৌশল বৰ্তমান সক্ৰিয়ভাৱে গৱেষণা কৰা হৈছে। কিছুমান স্বৈৰাচাৰী আৰু গণতান্ত্ৰিক দেশৰ ৰাজনীতিবিদসকলে ছ’চিয়েল মিডিয়া আৰু ৱেব চাৰ্চ ইঞ্জিনৰ বিভিন্ন ৰূপত ফলপ্ৰসূ আত্মনিয়ন্ত্ৰণ আৰু আইনীভাৱে বলবৎ কৰা নিয়ন্ত্ৰণৰ দাবী জনাইছে। ব্যক্তিগত পৰিসৰত, ভুৱা আখ্যানৰ সৈতে সক্ৰিয়ভাৱে সন্মুখীন হোৱাৰ ক্ষমতা, লগতে তথ্য ভাগ-বতৰা কৰাৰ সময়ত যত্ন লোৱাৰ ক্ষমতাই ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰিব পাৰে৷ অৱশ্যে লক্ষ্য কৰা হৈছে যে ই নিশ্চিতকৰণ পক্ষপাতিত্ব, প্ৰেৰিত যুক্তি আৰু অন্যান্য কাৰকৰ প্ৰভাৱৰ প্ৰতি দুৰ্বল জ্ঞানমূলক পক্ষপাতিত্ব যিয়ে যুক্তিক গুৰুতৰভাৱে বিকৃত কৰিব পাৰে, বিশেষকৈ অকাৰ্যকৰী আৰু মেৰুকৃত সমাজত। ব্যক্তিসকলক অবাঞ্চিত আখ্যানৰ প্ৰতি প্ৰতিৰোধী কৰি তোলাৰ পদ্ধতি হিচাপে ইনকুলেচন তত্ত্ব প্ৰস্তাৱ কৰা হৈছে। ভুৱা বাতৰিৰ প্ৰকাৰসমূহ ফাৰ্ষ্ট ড্ৰাফ্ট নিউজৰ ক্লেয়াৰ ৱাৰ্ডলে প্ৰাথমিক তথ্যত সাত ধৰণৰ ভুৱা বাতৰি চিনাক্ত কৰিছে: ব্যংগ বা ("ক্ষতি কৰাৰ কোনো উদ্দেশ্য নাই কিন্তু মূৰ্খ কৰাৰ সম্ভাৱনা আছে") মিছা ("যেতিয়া শিৰোনাম, দৃশ্য বা কেপচনে বিষয়বস্তু সমৰ্থন নকৰে") বিভ্ৰান্তিকৰ বিষয়বস্তু, ("এটা সমস্যা বা এজন ব্যক্তিক লক্ষ্য কৰি তথ্যৰ বিভ্ৰান্তিকৰ ব্যৱহাৰ") মিছা ("যেতিয়া প্ৰকৃত বিষয়বস্তু ভুৱা প্ৰসংগভিত্তিক তথ্যৰ সৈতে ভাগ কৰা হয়") প্ৰতাৰণামূলক বিষয়বস্তু, ("যেতিয়া প্ৰকৃত তথ্যক নিৰ্মিত তথ্যৰ ৰূপ দিয়া হয়") হেতালি খেলা বিষয়বস্তু, ("যেতিয়া প্ৰকৃত তথ্য বা চিত্ৰকল্পক প্ৰতাৰণা কৰিবলৈ হেতালি খেলা হয়", যেনে: বিকৃত ফটোৰ দৰে) সাজি উলিওৱা ("নতুন বিষয়বস্তু ১০০% মিছা, প্ৰতাৰণা আৰু ক্ষতি কৰিবলৈ সৃষ্টি কৰা হৈছে") চিনাক্তকৰণ এটা একাডেমিক লাইব্ৰেৰী গাইডৰ মতে, ভুৱা বাতৰিৰ কেইবাটাও নিৰ্দিষ্ট দিশে ইয়াক চিনাক্ত কৰাত সহায় কৰিব পাৰে আৰু এইদৰে অযথা প্ৰভাৱিত হোৱাৰ পৰা হাত সাৰিব পাৰে।[64] ইয়াৰ ভিতৰত আছে: ক্লিকবেট, অপপ্ৰচাৰ, ব্যংগ/প্যাৰ’ডি, লেতেৰা সাংবাদিকতা, বিভ্ৰান্তিকৰ শিৰোনাম, হেতালি খেলা, উৰাবাতৰি মিশ্ৰিত, ভুল তথ্য, সংবাদ মাধ্যমৰ পক্ষপাতিত্ব, দৰ্শকৰ পক্ষপাতিত্ব, আৰু কন্টেন্ট ফাৰ্ম৷ পুথিভঁৰাল সংঘ আৰু প্ৰতিষ্ঠানৰ আন্ত:ৰাষ্ট্ৰীয় সংস্থা )সোঁফালে ছবিত দেখুওৱাৰ দৰে এটা সাৰাংশ প্ৰকাশ কৰি মানুহক ভুৱা বাতৰি চিনাক্ত কৰাত সহায় কৰিছে।[65] ইয়াৰ মূল কথাবোৰ হ’ল- উৎসটো বিবেচনা কৰক (ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য বুজিবলৈ) শিৰোনামৰ বাহিৰলৈ পঢ়ক (গোটেই কাহিনীটো বুজিবলৈ) লেখকসকলক পৰীক্ষা কৰক (তেওঁলোক বাস্তৱ আৰু বিশ্বাসযোগ্য নে নহয় চাবলৈ) সমৰ্থনকাৰী উৎসসমূহৰ মূল্যায়ন কৰা (তেওঁলোকে দাবীসমূহ সমৰ্থন কৰাটো নিশ্চিত কৰিবলৈ) প্ৰকাশৰ তাৰিখ পৰীক্ষা কৰক (কাহিনীটো প্ৰাসংগিক আৰু শেহতীয়া নেকি চাবলৈ) কৌতুক নেকি সুধিব (ব্যংগ বুলি কোৱা হৈছে নে নাই সেইটো নিৰ্ণয় কৰিবলৈ) নিজৰ পক্ষপাতিত্বসমূহ পৰ্যালোচনা কৰক (ই আপোনাৰ বিচাৰত প্ৰভাৱ পেলাইছে নেকি চাবলৈ) বিশেষজ্ঞক সুধিব (জ্ঞান থকা স্বতন্ত্ৰ লোকৰ পৰা নিশ্চিতকৰণ লাভ কৰিবলৈ) লগতে চাওক ভাৰতৰ ভুৱা বাতৰি তথ্যসূত্ৰ
70816
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A6%82%E0%A6%95%E0%A7%B0%E0%A7%80%20%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A7%83%E0%A6%A4%E0%A6%BF
শংকৰী সংস্কৃতি
শংকৰী সংস্কৃতি বুলিলে সামগ্ৰিকভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমৰ সামাজিক, ধাৰ্মিক, সাহিত্যিক, সামাজিক, সাংস্কৃতিক আদি দিশত আগবঢ়োৱা অৱদান সমূহকে বুজা যায়। পঞ্চদশ ষোড়শ শতিকাৰ মহাপুৰুষ শ্ৰীশংকৰদেৱে অসমত যি নৱ-বৈষ্ণৱ ধৰ্মৰ সোঁত বোৱালে তাৰ ফলত অসমৰ জাতীয় জীৱনৰ এক বৈপ্লৱিক পৰিৱৰ্তন ঘটিল। ভক্তিধৰ্মক কেন্দ্ৰ কৰি অসমৰ ধৰ্ম, সমাজ, সাহিত্য, কলা আদি বিভিন্ন ক্ষেত্ৰত মহাপুৰুষে যি বহুমুখী দান দিলে তাৰ ফলত অসমত এক নতুন যুগৰ সূচনা হ'ল। এই যুগটোৱেই আমাৰ সাহিত্যত শংকৰী যুগ। আমাৰ ধৰ্মজীৱন, সামাজিক জীৱন, সাহিত্য, সঙ্গীত, আদি সংস্কৃতিৰ ঘাই উপাদানবোৰৰ ওপৰত মহাপুৰুষ শংকৰদেৱৰ প্ৰভাৱ অপৰিসীম। এক শংকৰী সংস্কৃতিয়েই অসমীয়া সংস্কৃতিৰ বৰঘৰ পোহৰ কৰিছে। ইতিহাস মহাপুৰুষ শ্ৰীশংকৰদেৱে যি সময়ত জন্ম গ্ৰহণ কৰিছিল সেই সময়ত অসম কেইবাটাও ৰাজকীয় শক্তিত বিভক্ত হৈ আছিল। পূবফালে চুটিয়াবিলাকে, দক্ষিণ-পূবে কছাৰবিলাকে,চুতীয়াৰ পশ্চিমফালে বাৰভূঞাসকলে, পশ্চিমফালে কমতা ৰাজ্যৰ কোচসকলে আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত আহোমসকলে ৰাজত্ব কৰিছিল। এনে ৰাজনৈতিক অৰিয়া-অৰিৰ সময়ত শ্ৰীশংকৰদেৱ আৱিৰ্ভাৱ হৈ সকলো সম্প্ৰদায়কে সামৰা এটা ধৰ্ম আৰু এটা উমৈহতীয়া জাতীয় ভাষাৰে জাতীয় ঐক্য সাধন কৰি সৰ্বভাৰতীয় মহাজাতীয় চৈতন্যৰ লগত অসমৰ জাতীয় জীৱনৰ ঐক্যভাব স্থাপন কৰে। মহাপুৰুষ শ্ৰীশংকৰদেৱে ভাগৱত পুৰাণৰপৰা সৎসঙ্গ, গীতাৰপৰা একশৰণ আৰু পদ্মপুৰাণৰ সহস্ৰ নামখণ্ডৰপৰা নামধৰ্ম লৈ অসম, কামৰূপ আৰু কোচবেহাৰত যি ভক্তিধৰ্ম তথা একশৰণ নামধৰ্ম প্ৰচাৰ কৰিলে তাৰ ফলত নানান ধৰ্ম, নানান আচাৰ পদ্ধতি, নানান জাতি-উপজাতি আৰু ভাষা আদিৰে বহুধা বিভক্ত হৈ থকা অসমৰ জনসাধাৰণ এডাল সূতাৰে গ্ৰথিত হৈ বৃহৎ অসমীয়া জাতি গঠিত হ’ল। শংকৰদেৱৰ একেশ্বৰবাদী মত শ্ৰীমদ্ভগৱদগীতাৰ দাস্য ভক্তি আৰু হনুমন্তীকাস্থাৰ ওপৰত প্ৰতিষ্ঠিত একশৰণ ধৰ্মই শ্ৰীশংকৰদেৱৰ মত। যি কামৰূপত একালত দলগত বিভিন্ন পূজা-পাতল আৰু বৌদ্ধতান্ত্ৰিক পদ্ধতিৰ ব্যভিচাৰী পন্থা বিৰাজমান আছিল সেই দেশৰে ধৰ্ম সংস্কাৰকৰ শিক্ষা পদ্ধতিৰ যোগেদি উপনিষদৰ একেশ্বৰবাদীৰ মত প্ৰতিধ্বনিত হৈ উঠিছিল। তেওঁ ৰাম আৰু কৃষ্ণৰ ভিতৰত কোনো প্ৰভেদ কৰা নাছিল, কিয়নো দুয়ো এক ব্ৰহ্মৰ চিহ্নস্বৰূপ। শ্ৰীশংকৰদেৱে নামধৰ্মৰ উপদেশাৱলীক স্থায়ী ভেটিৰ ওপৰত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে এক ধৰ্ম-সাহিত্যৰ সৃষ্টি কৰিলে। কীৰ্তন ঘোষা ভাগৱতৰ প্ৰথম, দ্বিতীয়, দশম (আদি), একাদশ আৰুদ্বাদশ স্কন্ধ অনুবাদ কৰাৰ উপৰিও তেৰাৰ ধৰ্মৰ্মতৰ বোল দি ভাগৱত আৰু পুৰাণৰপৰা কিছুমান কাহিনী সংগ্ৰহ কৰি পাঠকৰ আগত দাঙি ধৰিলে। এইখনেই হ’ল কীৰ্তন-ঘোষা যি অসমীয়াৰ মৌ-চাক স্বৰূপ আৰু যিখনি পুথিয়ে আমাৰ জাতীয় জীৱনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে। এই পুথিতেই সংক্ষেপে শ্ৰীশংকৰদেৱৰ প্ৰায় সকলোখিনি ধৰ্মমত পোৱা যায়। বৰগীত তেওঁৰ বৰগীত ৰচনাৱলী আমাৰ শিৰৰ ভূষণস্বৰূপ। নৱ-বৈষ্ণৱ ধৰ্ম বৰগীত আৰু নাটে বিশেষভাৱে সহায় কৰে আৰু নামঘৰবোৰেই ধৰ্ম প্ৰচাৰ, লোকৰঞ্জন আৰু লোকসংগ্ৰহৰ কেন্দ্ৰ। শংকৰী সংস্কৃতিৰ উৎকৃষ্ট নিদৰ্শন হৈছে এই গীত আৰু নাটবোৰ। জাতীয় উদ্বাধনৰ ভাব প্ৰচাৰ কৰাত’ গীত আৰু নাট তথা ভাওনাৰ স্থান সকলোৰে ওপৰত। নৱ-বৈষ্ণৱ আন্দোলনৰ ফলত ভাৰতৰ বিভিন্ন প্ৰদেশৰ দৰে অসমতো গীতিকবিতা বা লিৰিকৰ জন্ম হয়। শ্ৰীকৃষ্ণৰ জীৱন আৰু কাৰ্যকলাপক কেন্দ্ৰ কৰি আৰু ভক্তিৰ পৱিত্ৰতাক প্ৰস্ফুটিত কৰি শ্ৰীশংকৰদেৱে ভালেখিনি লোকপ্ৰিয় ধৰ্মসঙ্গীত ৰচনা কৰিলে। এই বৰগীতেই আমাৰ ধ্ৰুপদ বা ক্লাছিকেল সঙ্গীত। বিষয়বস্তুৰ মহত্ত্ব, ৰচনাভঙ্গীৰ সৌন্দৰ্য, সুৰৰ গাম্ভীৰ্য আৰু প্ৰকাশৰ সংযমে বৰগীতক অন্যান্য গীতৰপৰা পৃথক কৰিছে। ইয়াৰ ভাষা ব্ৰজাৱলী। বৰগীতত শ্ৰীকৃষ্ণৰ বিশাল পুৰুষত্ব ফুটি’ওলাইছে। গীতবোৰত শান্ত, বাৎসল্য আৰু দাস্য ভাবৰ প্ৰাধান্য দেখা যায়। অতি প্ৰাচীন কালৰেপৰা কামৰূপত সঙ্গীত আদি কলাৰ সূক্ষ্ম চৰ্চা থাকিলেও শ্ৰীশংকৰদেৱৰ বৰগীতে শাস্ত্ৰীয় সঙ্গীতৰ এটা নতুন অধ্যায়ৰ সূচনা কৰিলে। প্ৰাকবৈষ্ণৱ কবি হৰিহৰ বিপ্ৰৰ বব্ৰুবাহনৰ যুদ্ধত বাদ্যত ঢাক, ঢোল, ভেৰী টোকাৰী, বীণা,কৰতাল, ডম্বৰু, খুমুচি আদি আৰু মাধৱ কন্দলিৰ ৰামায়ণত নট-নটীৰ উল্লেখ থকাৰ উপৰিও বাঁহী, ঢোল, ডগৰ, ঝামৰ, ভেমচ, মৰ্দল, ভেমচি, খুমুচি আদি বাদ্যযন্ত্ৰৰ উল্লেখ আছে। বৈষ্ণৱ যুগৰ অবৈষ্ণৱ কবি দুৰ্গাবৰ কায়স্থৰ গীতি ৰামায়ণ আৰু মনসা-গীতত ৰাগ-সঙ্গীতৰ উল্লেখ আছে। সঙ্গীত শাস্ত্ৰৰ বিধান মতে বৰগীতবোৰ পূৰ্ণ পৰ্যায়ৰ গীত, কিন্তু নাটৰ আটাইবোৰ গীত পূৰ্ণ পৰ্যায়ৰ নহয়। শ্ৰীশংকৰদেৱৰ বৰগীত আৰু নাটৰ গীতত উল্লেখ আছে। মহাপুৰুষদ্বয়ৰ বৰগীতত কেৱল ৰাগৰ উল্লেখ আছে, ৰাগিণীৰ উল্লেখ নাই। শ্ৰীশংকৰদেৱৰ সঙ্গীতৰ ওপৰত। হিন্দুস্তানী বা উত্তৰ ভাৰতীয় আৰু কানাড়ী আৰু আশোৱাৰী তথা দক্ষিণ ভাৰতীয় সঙ্গীত। মহাপুৰুযে সুদীৰ্ঘ ১২ বছৰ তীৰ্থ ভ্ৰমণ কৰি যি অভিজ্ঞতা লাভ কৰিলে তাৰ ফলত বৰগীতত শাস্ত্ৰীয় সঙ্গীতৰ প্ৰভাৱ পৰিব পাৰে। শ্ৰীশংকৰদেৱ বিৰচিত গীতবোৰে কেনেকৈ ঘাই ঘাই শিষ্যসকলক তেওঁৰ ওচৰলৈ আকৰ্ষণ কৰি আনিছিল তাক চৰিত পুথিত পোৱা যায়। যি নৱ-বৈষ্ণৱ ধৰ্মৰ আন্দোলনে গোটেই উত্তৰ ভাৰতত যি খলক লগাইছিল, শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱৰ বৰগীতবোৰো সেই খলকৰ প্ৰতিধ্বনি মাথোঁন। সাহিত্য কলা আৰু সঙ্গীত কলা উভয় দিশৰপৰা বৰগীতৰ এক বিশেষ আবেদন আছে। খোল, তাল, মৃদং আদিয়ে গোৱা বৰগীত আৰু অঙ্কৰ গীততে অসমীয়া সঙ্গীতৰ পূৰ্ণ যৌৱনৰ পয়োভৰ। অংকীয়া নাট শ্ৰীশংকৰদেৱৰ নাট্য সাহিত্য শংকৰী সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ উপাদান। মহাপুৰুষৰ পূৰ্বে এই দেশত ওজাপালি, পুতলা নাচ আদি নাটকীয় গুণ বিশিষ্ট অনুষ্ঠানৰ প্ৰচলন আছিল। এইবোৰক ভিত্তি কৰি সংস্কৃত নাটকৰ আৰ্হিত স্বকীয় প্ৰতিভাৰে শ্ৰীশংকৰদেৱে যি নাট ৰচনা কৰিলে সি আমাৰ সাহিত্যৰ এক অমূল্য সম্পদ। অঙ্কীয়া নাট আৰুভাওনা অসমীয়া সংস্কৃতিলৈ মহাপুৰুষৰ এক অভিনৱ অৱদান। প্ৰথমবাৰ তীৰ্থৰপৰা ঘূৰি আহি শ্ৰীশংকৰদেৱে বৰদোৱাত সংলাপ-বিহীন আঙ্গিক অভিনয় চিহ্নযাত্ৰা ভাওনা কৰে। এই ভাওনাত গুৰুজনে সাত বৈকুণ্ঠৰ চিত্ৰ তুলাপাতত হেঙুল-হাইল বোলাই ছগৰাকীলক্ষ্মীসহ সাত বৈকুণ্ঠৰ প্ৰৱেশ দেখুৱাইছিল। এই চিহ্নযাত্ৰাৰ অভিনয়ে অসমীয়া সঙ্গীত, নাট আৰু চিত্ৰকলাৰ এটা নতুন অধ্যায়ৰ আৰু তীৰ্থ ভ্ৰমণত লাভ কৰা অভিজ্ঞতা সমলস্বৰূপে লৈ সংস্কৃত নাট্যশাস্ত্ৰৰ আৰ্হিত সূচনা কৰিলে। থলুৱা নৃত্য-সঙ্গীত (যেনে- পুতলা-নাচ, ওজাপালি, দেওধনী নাচ ইত্যাদি) আদিৰ পৰিৱৰ্তে শংকৰদেৱে এক শ্ৰেণীৰ নাট ৰচনা কৰিলে আৰু এইনাটৰ নিৰ্মাণ-কৌশল প্ৰকৃততে অভিনৱ। নান্দী,সূত্ৰধাৰ, প্ৰৰোচনা, প্ৰস্তাৱনা, শোক আৰু মুক্তিমঙ্গল সংস্কৃত নাট্যশাস্ত্ৰ অনুসৃত হলেও মহাপুৰুষৰ যাদু-স্পৰ্শত ব্ৰজাৱলী ভাষাই এনে সুন্দৰ আৰু সুঠাম গঢ় লৈছে উঠা এই ভক্তিপ্ৰধান নাটে জনসাধাৰণৰ হৃদয় জয় কৰিব পাৰিছে। গীত শ্লোক আৰু পয়াৰৰ ব্যৱহাৰ,সূত্ৰধাৰৰ অভিনৱ কল্পনা, লয়যুক্ত গদ্যৰ ব্যৱহাৰ আৰু ব্ৰজাৱলী ভাষাৰ প্ৰয়োগে অঙ্কীয়া নাটক সংস্কৃত বা অন্যান্য নাটকৰপৰা পৃথক কৰিছে। জনসাধাৰণৰ লোকৰুচি আৰু স্থানীয় আৱশ্যকতালৈ লক্ষ্য ৰাখি শ্ৰীশংকৰদেৱে পত্নীপ্ৰসাদ, কালি-দমন, কেলি-গোপাল, পাৰিজাত-হৰণ,ৰুক্মিণী হৰণ আৰু ৰাম-বিজয় নাট ৰচনা কৰে। শ্ৰীকৃষ্ণ চৰিত্ৰকেই কেন্দ্ৰ কৰি অসমীয়া নাটত ৰামৰ কথা কওঁতে শ্ৰীকৃষ্ণৰ ৰূপটো মহাপুৰুষৰ দৃষ্টিৰ আঁৰ হোৱা নাই। পত্নী-প্ৰসাদ,বৈষ্ণৰ সাহিত্য বৰ্তি আছে আৰু নাটসমূহৰ ক্ষেত্ৰটো এই কথাই প্ৰযোজ্য। কিন্তু ৰাম-বিজয়,কালীয়-দমন, কেলি-গোপাল আৰু ৰুক্মিণী-হৰণৰ বিষয়বস্তু ভাগৱতৰ দশম স্কন্ধৰপৰা লোৱা হৈছে, পাৰিজাত-হৰণ নাটৰ বিষয়বস্তু বিষ্ণুপুৰাণ আৰু হৰিবংশৰপৰা আৰু ৰাম-বিজয় নাটৰ বিষয়বস্তু আদিকাণ্ড ৰামায়ণৰপৰা লোৱা হৈছে। ধৰ্মভাৱ উদ্ৰেক কৰিবৰ কাৰণে শ্ৰীশংকৰদেৱে সংস্কৃত নাটকৰ দৰে অঙ্কীয়া নাটত বিভিন্ন ৰস জাগ্ৰত কৰিছে। পত্নী-প্ৰসাদত অদ্ভুত ৰস,কালীয়-দমনত ঘাইকৈ ভয়ানক আৰু কৰুণৰস, কেলি-গোপালত শৃঙ্গাৰাত্মক ভক্তিস, পাৰিজাত-হৰণ, ৰুক্মিণী-হৰণ আৰুৰাম-বিজয় নাটত শৃঙ্গাত্মক ভক্তিৰস,—এইদৰে বিভিন্ন ৰসৰ সঞ্চাৰ হৈছে। চিত্ৰকলা আৰু মূৰ্তিকলা অসমীয়া নাট আৰু ভাওনাৰ লগত চিত্ৰকলা আৰু মূৰ্তিকলা ওচৰ সম্বন্ধ। চিহ্ন-যাত্ৰাৰ অভিনয় প্ৰসঙ্গত শ্ৰীশংকৰদেৱে বৈকুণ্ঠৰ পট অঁকাৰ কথা ওপৰত উল্লেখ কৰা হৈছে। মহাপুৰুষৰ সময়ত চিত্ৰকলাই কেনে প্ৰসাৰতা লাভ কৰিছিল তাক বৈকুণ্ঠৰ পট অঁকা প্ৰসঙ্গৰ এটা কথালৈ আঙুলিয়াব পাৰি। শ্ৰীশংকৰদেৱে চিহ্নযাত্ৰাৰ পটখন আঁকি প্ৰায় শেষ কৰিছে কিন্তু কল্পতৰু বৃক্ষজোপা ঠিক ঠাইত বহুৱাব নোৱাৰি থোতামোজা খাইছে। “কল্পতৰু যেহেন দিবাক নজানন্ত। অবাক স্বৰূপে দুয়োজন ৰহিলন্ত॥”১৩৭৪ [ৰামচৰণ ঠাকুৰ] এনেতে তেওঁৰ গৃহদাসী চন্দৰী বুঢ়ীয়ে হাতত মাৰ্জনী লৈ সেই ঠাইত উপস্থিত হৈ পটখন চাই বুলিলে, “দেখো ডেকাগিৰী কল্পতৰু বৃক্ষ নাই।”তাই হাতত মাৰ্জনী লৈ দেখুৱাই ক'লে, “ঐত লাগে ডেকাগিৰী সিটো বৃক্ষইৰ। তেতিয়া শ্ৰীশংকৰদেৱে বুঢ়ীক ক'লে, “আসিয়া এঠাক আই বৰ কৈলি কাম। তঞি হেন উপকাৰী আৰো ক'ত পাম॥”[ৰামচৰণ ঠাকুৰ] মহাৰাজ নৰনাৰায়ণক বৃন্দাবনৰ আভাস দিবৰ কাৰণে শ্ৰীশংকৰদেৱে পাটবাউসীত তাঁতীৰ হতুৱাই পটসহ বৃন্দাবনীয়া কাপোেৰ বোৱাৰ আখ্যানতো অসমৰ প্ৰাচীন চিত্ৰকলাৰ নিদৰ্শন পাব পাৰি। ভাৱৰীয়াৰ সাজপাৰ, মুখা আদিত চিত্ৰ আৰু মূৰ্ত্তিৰ প্ৰভাৱ মন কৰিবলগীয়া। নামঘৰৰ সিংহাসন, গৰুড় পক্ষী, পদুমফুলৰ প্ৰতীক আদিত চিন আৰু মূৰ্ত্তিকলাৰ প্ৰভাৱ কিমানদূৰ পৰিছে সেইটো শিল্পীসকলৰ আলোচনাৰ বিষয়। কিন্তু সেই কালত চিত্ৰকলাই বিকাশৰ যথেষ্ট সুবিধা পোৱা নাছিল আৰু ৰজাঘৰীয়া পৃষ্ঠপোষকতাৰ অভাৱ হৈছিল যেন লাগে। তথাপি আজিকোপতি সত্ৰসমূহে এই চাৰুকলা জীয়াই ৰাখিছে। নামঘৰ নামঘৰ নামধৰ্মৰ কেন্দ্ৰ হ'লেও ই জাতীয় জীৱনৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। এই নামঘৰকেই অসমীয়া জাতীয় সংস্কৃতিৰ যাদুঘৰ বুলিব পাৰি। আমাৰ সামাজিক, ধাৰ্মিক আৰু সাংস্কৃতিক জীৱনত নামঘৰৰ বৰঙণি উল্লেখযোগ্য। নামঘৰৰ কাৰ্যাৱলীৰ মাজেদি গণতান্ত্ৰিক চিন্তাধাৰা প্ৰকাশ পাইছে। আমাৰ সত্ৰানুষ্ঠানৰ লগত বৌদ্ধ মঠৰ কিছু সাদৃশ্য পৰিলক্ষিত হয়। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই প্ৰসঙ্গত মন্তব্য কৰিছে, “নামঘৰত মণিকূট সাজি সত্ৰপাতি নাম-কীৰ্ত্তন কৰি থাকি ধৰ্মপ্ৰচাৰ কৰাটোও তেওঁ পশ্চিমত আৰু বেহাৰত আগৰ কালত প্ৰচলিত বৌদ্ধ বিহাৰৰপৰা পোৱাটো অনুমান হয়।” নামঘৰৰ ‘টুপ’ শব্দটো ‘প’ শব্দৰপৰা আৰু মণিকূট শব্দটো সুবৰ্ণ’ বঙ্গগৃহৰপৰা আহিব পাৰে। নাৰীক শৰণ নিদিয়া কথাটোৱে বুদ্ধদেৱে নাৰীক সংযত স্থান নিদিয়াৰ কথাৰহে ইঙ্গিত নিয়ে। অসমৰ গ্ৰাম্য জীৱনৰ সাংস্কৃতিক ৰুচিবোধৰ পৰিপুষ্ট সাধনত নামঘৰৰ পৰিকল্পনা বৈশিষ্ট্যপূৰ্ণ। এই নামঘৰে যি দৰে জাতীয় ঐক্য সাধন কৰিছে সেইদৰে ই জনসাধাৰণৰ কলাসুলভ জীৱন-চেতনাৰ সঞ্চাৰ কৰি জাতীয় জীৱনত সঞ্জীৱনী সুধা ঢালিছে। নামঘৰে সুস্থিৰ প্ৰগতিমূলক সামাজিক জীৱনৰ স্বাক্ষৰ বহন কৰে। মহাপুৰুষে যি দৰে নৃত্য, গীত আৰু সংলাপেৰে নাটবোৰ সম্পূৰ্ণ কৰিলে সেই দৰে নামঘৰ স্থাপন কৰি তেওঁ অসমীয়া জাতিৰ ৰঙ্গমঞ্চ বা ৰঙ্গালয়ৰ সূচনা কৰিলে। সেই কাৰণে নামঘৰক জাতীয় ৰঙ্গমঞ্চ ভাওনা ঘৰ বোলে। এই নামঘৰ আমাৰ কীৰ্ত্তন-ঘৰ আৰু প্ৰেক্ষাগৃহ। ভাওনাৰ লগত সম্বন্ধ থকা গায়ন-বায়ন ঢুলীয়া-খুলীয়া, নটুৱা সূত্ৰধাৰ আদিৰ বাছনিৰ ক্ষেত্ৰত পাৰ্গত লোকসকলকহে বিষয়বাব দিয়া হয়। ভাৱৰীয়াৰ ক্ষেত্ৰটো একে কথাই প্ৰযোজ্য। গাঁৱৰ ল'ৰাবিলাকক এই নামঘৰতেই নৃত্য-গীত আৰু চাৰুশিল্পৰ উৎকৰ্ষ সাধন কৰি আমাৰ সামাজিক জীৱনত অৱসৰ বিনোদনৰ কাৰণে বিচিত্ৰ সমল যোগাইছে। ইয়াৰ উপৰি নামঘৰবোৰ আমাৰ বিচাৰালয়ে। অসমৰ সত্ৰ আৰু সত্ৰৰ নামঘৰে অসমৰ প্ৰাচীন কলা কৃষ্টি ৰক্ষা কৰি আহিছে। সামৰণি সামৰণিত প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ ভাষাৰে ক'ব পাৰি, “সাহিত্যৰ গুৰু শংকৰ, সাহিত্য ৰাজ্যৰ ৰজা শংকৰ, সমাজ গঢ়েতা শংকৰ, সমাজৰ নেতা শংকৰ।” মুঠৰ ওপৰত অসমৰ কলা-সংস্কৃতিৰ গুৰু শ্ৰীমন্তশংকৰদেৱে ধৰ্ম, সমাজ, সাহিত্য, সঙ্গীত আদি বিভিন্ন ক্ষেত্ৰত বহুমূলীয়া অৱদান দি আমাৰ জাতীয় জীৱনক উন্নত আৰু মহীয়ান কৰিছে। তথ্যসূত্ৰ ভক্তি আন্দোলন শংকৰদেৱ অসমৰ
8164
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC%20%E0%A6%A6%E0%A7%B0%E0%A7%8D%E0%A6%B6%E0%A6%A8
ভাৰতীয় দৰ্শন
ভাৰতীয় দৰ্শনৰ মূল বেদ। সংস্কৃতত দৰ্শনৰ নিষ্পন্ন ৰূপ হ'ল" দৃশ্" ধাতু আৰু ল্যুট্ প্ৰত্যয়। অতীজৰেপৰাই ভাৰতত বিভিন্ন দাৰ্শনিক পৰম্পৰা বিদ্যমান। [সৰ্বপল্লী ৰাধাকৃষ্ণণ]ৰ মতে, প্ৰথমৰ [উপনিষদ] কেইখনেই আছিল '...দৰ্শন সম্বন্ধে লিখিত পৃথিৱীৰ আটাইতকৈ পুৰণি পুথি। 'পাণিনী অষ্টাধ্যায়ীৰ‘দৃশিৰ্ প্ৰেক্ষণে অৰ্থাৎ দৃশ্ ধাতুত ল্যুট্ প্ৰত্যয় সংযোগ হৈ সংস্কৃত দৰ্শন শব্দৰ উৎপত্তি হৈছে। দৃশ্যতে অনেন ইতি দৰ্শনম্ অৰ্থাৎ যাৰ দ্বাৰা দেখা হয়। দৰ্শন শব্দৰ বহুত অৰ্থত প্ৰয়োগ হোৱা দেখা যায় যেনে –জনা ,বুজা, চিন্তা কৰা, নিৰীক্ষন কৰা ইত্যাদি। গতিকে এই দৰ্শন শব্দটোৱে মাত্ৰ বহিৰ্ভূত জাগতিক পদাৰ্থক দেখা নুসূচায়, আনকি সামান্যভাৱে স্থূল নেত্ৰৰদ্বাৰা নেদেখি সূক্ষ্ম নেত্ৰৰ যোগেদি বিশেষভাৱে দেখাটো হে দৰ্শন শব্দৰ অভিপ্ৰায়। মনীষীসকলে দৃশ্যতে অনেন এই ব্যুৎপত্তি অনুসাৰে ‘আত্মা ৱা অৰে দ্ৰষ্টৱ্যঃ শ্ৰোতব্যঃ মন্তব্যঃ নিধিধ্যাসিতব্যঃ’ এই শ্ৰুতিবাক্যৰ দ্বাৰা উপদিষ্ট আত্মা সাক্ষাৎকাৰৰ সাধন হৈছে দৰ্শন। স্থূল আৰু সূক্ষ্ম উভয় প্ৰকাৰে দেখাই হৈছে দৰ্শনৰ মূল বিষয়বস্তু। চিন্তাৰ আধাৰত দৰ্শনৰ সৃষ্টি হয়, তৰ্কনিষ্ঠ বিচাৰ বিবেচনাই হৈছে জ্ঞানৰ মূল ভেটি। তৰ্কনিষ্ঠ বিচাৰ বিবেচনাৰ যোগেদি দৰ্শনে পৰম সত্তাৰ স্বৰূপ দাঙি ধৰিবলৈ চেষ্টা কৰিছে। পাশ্চাত্য দৰ্শনে স্বতন্ত্ৰভাবে চিন্তা কৰে কিন্তু ভাৰতীয় দৰ্শন নীতি আৰু ধৰ্মৰ বিভিন্ন ব্যবহাৰিক দিশক সামৰি আধ্যাত্মিক চিন্তা চৰ্চা কৰে। মোক্ষ প্ৰাপ্তিয়েই হৈছে ভাৰতীয় দৰ্শনৰ মূল ভেটি। বাহ্যিকজগত আৰু আভ্যন্তৰীন জগতৰ বৈচিত্ৰ্যৰ আৰু বিপুল সমস্যাৰাজিৰ প্ৰতি থকা নৈসৰ্গিক জিজ্ঞাসা হৈছে দৰ্শনৰ মূল উৎস। দাৰ্শনিক চিন্তাই হৈছে মানৱৰ মূল প্ৰবৃত্তি। পৃথিৱীত বাস কৰা প্ৰত্যেক মানুহৰে একো একোটা জীৱন দৰ্শন আছে। ভাৰতীয় মনীষী সকলে তপস্যা আৰু সাধনাত ব্ৰতী হৈ নিজৰ জীৱন উৎসৰ্গা কৰি অক্লান্ত পৰিশ্ৰমেৰে যি আধ্যাত্মিক চিন্তাৰ জোৱাৰ তুলিছিল তাৰ মিঠা প্ৰতিফল হৈছে ভাৰতীয় দৰ্শনশাস্ত্ৰ। পৃথিবীৰ ভিতৰত অকল মানুহেই এনেকুৱা এটা প্ৰাণী যিহে নিজৰ বিবেকবুদ্ধি প্ৰয়োগ কৰি দক্ষতা আৰু পাৰদৰ্শিতাৰে চিন্তা-চৰ্চাৰ অনুপম সমল যোগাই নিজকে জীবশ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিব পাৰিছে। পাৰম্পৰিক ভাৱে ভাৰতীয় দৰ্শনক ৰক্ষণশীল বা আস্তিক আৰু অৰক্ষণশীল বা নাস্তিক এই দুটা ভাগত ভগোৱা হৈ আহিছে। 'বেদ'সমূহক জ্ঞানৰ সৰ্বোত্তম আকৰ হিচাপে গণ্য কৰা-নকৰাৰে ভিত্তিতে এই বিভাজন কৰা হৈছে। ভাৰতীয় আস্তিক দৰ্শনক ছটা ভাগত ভাগ কৰা হৈছে, ক্ৰমে- ন্যায়, বৈশেষিক, সাংখ্য, যোগ, পূৰ্ব মীমাংসা আৰু উত্তৰ মীমাংসা বা বেদান্ত দৰ্শন। নাস্তিক দৰ্শনৰ তিনিটা ভাগ ক্ৰমে- জৈন, বৌদ্ধ আৰু বস্তুবাদী প্ৰতিটো বিভাগৰ মাজত নিজস্ব মত-বিৰোধ থাকিলেও মূল উদ্দেশ্য কিন্তু মোক্ষ। এই বিশ্বাস মতে প্ৰতিজন মানুহৰে জীৱন ব্যক্তি আৰু সমাজৰ মঙ্গলৰ অৰ্থে ব্যতীত হোৱা উচিত। প্ৰতিটো শাখাই ধৰ্ম আৰু অস্তিত্বৰ প্ৰশ্নৰ লগত জড়িত, আৰু নিজৰ দৰ্শন অনুসৰি নিৰ্বাণ লাভ কৰাৰ ভিন ভিন ধাৰণা পোষণ কৰে। ভাৰতীয় দৰ্শনৰ মূল শাখাসমূহ খ্ৰী.পূ. ১০০০ চনৰ পৰা খ্ৰীষ্টাব্দৰ প্ৰথম শতিকা কেইটাতে গঢ় লৈ উঠিছিল। ইয়াৰ পাছত প্ৰতিটো যুগতে মূল ভাৱধাৰাৰ লগত নতুন নতুন বিষয়ৰ যোগ আৰু সংস্কাৰ সাধন কৰা হৈ আহিছে। উনবিংশ শতিকাত ঋষি অৰবিন্দ আৰু স্বামী প্ৰভুপাদেও ভাৰতীয় দৰ্শনলৈ নিজা অৱদান আগবঢ়ায়। সমূহ ভাৰতীয় দৰ্শনৰ এটা মূল বৈশিষ্ট্য হৈছে ইয়াৰ বহুধা আৰু জীণ নিয়াৰ মানসিকতা। বিভিন্ন শাখাৰ মাজত থকা সাদৃশ্যৰ বাবে ভিন ভিন শাখাৰ পণ্ডিত একেলগে বহি আলোচনা কৰি কেবাটাও বিষয়ৰ ওপৰত একমত হ'ব পাৰে। প্ৰাৰম্ভিক কালচোৱাত শাখাসমূহৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ আছিল, মূলতঃ খ্ৰী.পূ. ৮০০ চনৰপৰা খ্ৰী. ২০০-লৈ। এই প্ৰতিযোগিতাৰ মাজত জৈন, বৌদ্ধ, শৈৱ আৰু অদ্বৈত আদি ৰৈ গ'ল আৰু সাংখ্য, অজিৱিকা আদি দৰ্শন হয় মাৰ গ'ল নহয়, আন দৰ্শনৰ অন্তৰ্ভুক্ত হ'ল। কেন্দ্ৰীয় ধাৰণা আদিকালৰ ভাৰতীয় চিন্তাবিদসকলে মত পোষণ কৰিছিল যে দৰ্শন জীৱনৰ এটা অপৰিহাৰ্য ব্যৱহাৰিক অংশ। আৰু জীৱনটো কেনেকৈ পাৰ কৰা উচিত তাৰ জ্ঞান দৰ্শন অবিহনে পাব নোৱাৰি। সেয়ে ভাৰতীয় লেখকসকলে দাৰ্শনিক লেখাৰ আৰম্ভণিতে সেই মতে ব্যক্তিক কেনেকৈ সহায় কৰিব পাৰে (পুৰুষাৰ্থ) তাৰ ওপৰত বিতংকৈ লিখিছিল। ব্ৰাহ্মণ চিন্তাবিদসকলৰ দৰ্শনত এক সৰ্বজনীন ঐকিক নিয়মৰ পোষকতা পৰিছিল। এই নিয়ম সকলোতে পৰিব্যাপ্ত। এই নিয়মৰ স্বৰূপ আৰু আদি মূল ব্যাখ্যা কৰাটো আছিল বিভিন্ন শাখা সমূহৰ মূল উদ্দেশ্য। সৰ্বজনীন নিয়মৰ (ধৰ্ম) ভিত্তিত পৃথিৱীত কেনেকৈ জীৱন কটাব লাগে তাৰ উপায় প্ৰস্তুত কৰাৰ প্ৰয়াস কৰা হৈছিল। ঋষিসকলে এই নিয়ম অনুসৰণ কৰি জীৱন নিৰ্বাহ কৰাৰ উপদেশ দিছিল। বেদান্ত দৰ্শন আধুনিক যুগৰ আটাইতকৈ চৰ্চিত ভাৰতীয় দৰ্শন। বেদান্ত দৰ্শনত একেটা সত্যক উপলব্ধি কৰাৰ বাবে চাৰিটা ভিন্ন উপায় উল্লেখ কৰি তিনিটা ভাগত ভগোৱা হৈছে, দ্বৈত, বিশিষ্টদ্বৈত আৰু অদ্বৈত। বৰ্হিভাগৰপৰা এই তিনিবিধক ভিন্ন আৰু মতবিৰোধী যেন লাগিলেও, এই তিনিওবিধে আচলতে মানুহৰ বিবেকৰ বিকাশৰ তিনিটা ভিন্ন স্তৰক নিৰ্দেশ কৰে। শাখা সমূহ ভাৰতীয় দৰ্শন মধ্যযুগৰ ব্ৰাহ্মণীয়-সংস্কৃতসকলৰ ৰচনাত ছটা ৰক্ষণশীল শাখা দেখা যায়। এইকেইটাক একেলগে "ষড় দৰ্শন" বোলা হয়। "ষড় দৰ্শন"ত 'বেদ'ক সকলো জ্ঞানৰ আকৰ বুলি মনা হয়। আৰু 'বেদ'ৰপৰাই এই শাখাসমূহ উৎপত্তি হোৱা বুলি কোৱা হয়। ন্যায়, তৰ্ক শাখা বৈশেষিক, কণা শাখা সাংখ্য, ৰাজ যোগ,( বা যোগ), পতঞ্জলিৰদ্বাৰা স্থাপিত শাখা (পতঞ্জলিয়ে সাংখ্য দৰ্শনৰো পোষকতা কৰিছিল। পূৰ্ব মীমাংসা (বা মীমাংসা), বৈদিক ৰীতি-নীতি পোষকতা কৰা শাখা বেদান্ত (বা উত্তৰ মীমাংসা), উপনিষদৰ ৰীতি-নীতি পোষকতা কৰা শাখা, বৈদিক দৰ্শনকো সমানে গুৰুত্ব দিয়া শাখা ঐতিহাসিক আৰু ধাৰণাভিত্তিক মিল থকাৰ বাবে ইয়াক আন তিনিটা গোটত ভাগ কৰা হয়ঃ ন্যায়-বৈশেষিক, সাংখ্য-যোগ আৰু মীমাংসা-বেদান্ত। বেদান্ত দৰ্শনৰ আকৌ আকৌ ছটা উপ-শাখা আছেঃ অদ্বৈত (অজাতিবেদক সাঙুৰি), বিশিষ্টদ্বৈত, দ্বৈত, দ্বৈতদ্বৈত, শুদ্বদ্বৈত, আৰু অচিন্ত ভেদ-অভেদ। ওপৰত উল্লিখিত ছটা শাখাৰ বাহিৰেও আৰু শাখা বিদ্যমান। কিন্তু প্ৰধান শাখা এই ছটায়েই। ইয়াৰ বাহিৰেও 'ব্যাকৰণীয়' আন এটা ৰক্ষণশীল দৰ্শনৰ বিভাগ। এই সমূহ দৰ্শনে 'বেদ'ৰ অস্তিত্বক স্বীকাৰ কৰে। 'বেদ'ৰ অস্তিত্বক অস্বীকাৰ কৰা দৰ্শন শাখাসমূহক ব্ৰাহ্মণসকলে অৰক্ষণশীল ('নাস্তিক' আখ্যা দিছিল।অৰক্ষণশীল শাখাসমূহৰ ভিতৰত বৌদ্ধ, জৈন আৰু চাৰ্বাক দৰ্শনেই প্ৰধান। জৈন দৰ্শন জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰে প্ৰাচীন শ্ৰমণ দৰ্শনৰ প্ৰচাৰ কৰে আৰু তাৰপৰাই জৈন দৰ্শনৰ সৃষ্টি হয়। বৰ্তমানৰ বিহাৰ ৰাজ্যত খ্ৰী.পূ. ৫৫০ চনৰ সময়চোৱাত জৈন দৰ্শনৰ বিকাশ হৈছিল। এই কালচোৱাত আদৰ্শবাদী নৱজাগৰণ হৈছিল। এই নৱজাগৰণত বেদৰ প্ৰভাৱক অস্বীকাৰ কৰা কেবাটাও মতবাদৰ সৃষ্টি হৈছিল। বৌদ্ধ ধৰ্মও এই কালচোৱাতে গঢ় লৈ উঠে। মহাবীৰক তীৰ্থংকৰসকলৰ ২৪-তম আৰু শেষ তীৰ্থকংৰ বুলি গণ্য কৰা হয়। ২৩-তম তীৰ্থকংৰ প্ৰভাষৰ সময় পাৰম্পৰিকভাৱে ৯০০ খ্ৰী.পূ. বুলি ধাৰণা কৰা হয়। জৈন ধৰ্মক বৈদিক ধৰ্ম হিন্দুৰ ভিতৰত ধৰা নহয়,। জৈন তীৰ্থংকৰৰ উল্লেখ বেদ আৰু হিন্দু শাস্ত্ৰসমূহত পোৱা যায়। বৈদিক যুগত ভাৰতবৰ্ষত দুটা মূল দাৰ্শনিক ভাগ আছিল, শ্ৰমণ আৰু ব্ৰাহ্মণ, বা বৈদিক, বা পৌৰাণিক। শ্ৰমণ মতবাদৰ আধাৰতে পাছলৈ বৌদ্ধ, জৈন আৰু বৰ্তমান লুপ্ত অজীৱিকা দৰ্শনৰ সৃষ্টি হৈছিল। দুয়োটা মূল শাখাই ইটোৱে-সিটোক প্ৰভাৱান্বিত কৰিছিল। পণ্ডিত লোকমান্য তিলক-এ জৈন দৰ্শনে হিন্দু ধৰ্মৰ বৈদিক বলি-বিধান আদি আঁতৰ কৰাত প্ৰভাৱ পেলাইছিল বুলি মত পোষণ কৰিছে। বাল গংগাধৰ তিলক-এ জৈন মতবাদে জৈন ধৰ্মলৈ অহিংসাৰ প্ৰচলন আনিছিল বুলি উল্লেখ কৰিছে। স্বামী বিবেকানন্দই জৈন মতবাদে ভাৰতীয় সংস্কৃতিৰ ওপৰত প্ৰভুত প্ৰভাৱ পেলাইছে বুলি মত পোষণ কৰিছিল। জৈন শব্দৰ অৰ্থ হৈছে 'জিনস'ৰ মূলঃ সংস্কৃতঃ অনুগামী। যাৰ অৰ্থ আধ্যাত্মিক বিজেতা, অৰ্থাৎ যিজনে 'ধৰ্ম' লাভ কৰিছে, আৰু পূৰ্ণ 'মোক্ষ' লাভ কৰাৰ পাছত সকলোৰে হিতাৰ্থে আধ্যাত্মিক জীৱন জীয়াবলৈ শিক্ষা প্ৰদান কৰে। জৈনসকলে ২৪ জন এনে 'জিনস'ৰ শিক্ষা আনুসৰণ কৰে। এওঁলোকক তীৰ্থকংৰ বুলিও জনা যায়। ২৩-তম তীৰ্থকংৰক এজন বাস্তৱ পুৰুষ বুলি বিবেচনা কৰা হয়। তেখেত খ্ৰী.পূ. ৮৭২-ৰপৰা ৭৭২-লৈ জীৱিত আছিল বুলি কোৱা হৈছে। জৈন বিশ্বাসৰ এটা মূল বৈশিষ্ট্য হৈছে শাৰীৰিক আৰু মানসিক আচৰণেতাৎক্ষণিক প্ৰতিক্ৰিয়া। জৈনসকলে বিশ্বাস কৰে যে সকলো প্ৰাণীয়েই মানুহৰ দৰেই আত্মাধাৰী, সেয়ে ব্যক্তিৰ জীৱন আন কোনো জীৱৰে ক্ষতি নকৰাকৈ জীয়াই থাকিবলৈ যথেষ্ট সংযম আৰু সচেতনতাৰে নিৰ্বাহ কৰা উচিত। জৈন ধৰ্মত প্ৰতি জীৱকে সন্মান জনোৱা হয় আৰু ক্ষুদ্ৰতম জীৱবিধৰো ক্ষতি নকৰিবলৈ চেষ্টা কৰা হয়। জৈন বিশ্বাসত অহিংসাই হৈছে প্ৰকৃত পথ আৰু পূৰ্ণ জ্ঞান আৰু সঠিক আচৰণৰ প্ৰথম চৰ্ত। জৈন বিশ্বাসে 'আধ্যাত্মিক স্বাধীনতা' (প্ৰতিজন ব্যক্তিয়েই নিজৰ ব্যক্তিগত জ্ঞান কৰ্ষণ কৰিব পাৰে) আৰু 'ব্ৰত পালন'ৰ (আধ্যাত্মিক উৎকৰ্ষৰ বাবে আত্ম-সংবৰণ) ওপৰত গুৰুত্ব দিয়ে। জৈন বিশ্বাসতো আন ভাৰতীয় বিশ্বাসৰ দৰেই জীৱনৰ লক্ষ্য হৈছে 'মোক্ষ লাভ'। জৈন বিশ্বাস মতে 'আত্মাৰ প্ৰকৃত সত্তাক জনাটোৱেই' হৈছে মোক্ষ। মোক্ষ পূৰ্ণ জ্ঞানৰ যোগেৰেহে অহাটো সম্ভৱ। জৈন মতবাদৰ আন এটা বৈশিষ্ট্য হৈছে 'অনেকান্তবাদ', অৰ্থাৎ বাস্তৱ জগতখন পৰিপ্ৰেক্ষিতৰ ভিত্তিত বেলেগ বেলেগ অনুভূত হয়। আৰু কোনোটো পৰিপ্ৰেক্ষিতই সম্পূৰ্ণ সত্য নহয়। জৈন ধৰ্মৰ মতে অকল 'কেৱলী'সকলেহে, যাৰ জ্ঞান অসীম, প্ৰকৃত সত্যৰ কাষ চাপিব পাৰে। বাকীসকলে সেই সত্যৰ এটা অপূৰ্ণ অংশহে দেখিবলৈ পায়। 'অনেকান্তবাদ' পাশ্চাত্য দৰ্শনৰ '-ৰ সমান্তৰাল। বৌদ্ধ দৰ্শন বৌদ্ধ দৰ্শনৰ উৎপত্তি গৌতম বুদ্ধৰ মতবাদৰপৰা হৈছে। পাতনিৰেপৰাই বৌদ্ধ ধৰ্মত দৰ্শনৰ প্ৰভাৱ লক্ষণীয়। কেইটামান ৰক্ষণশীল দাৰ্শনিক মতবাদৰ বিৰোধিতা কৰি বৌদ্ধ দৰ্শনৰ সৃষ্টি হৈছিল। বুদ্ধই অস্তিত্বৰ ধাৰণাক অনৈদ্দেশ্যিক বুলি কৈছিল, কাৰণ এই ধাৰণাত অস্তিত্বক এক প্ৰামাণ্য ধৰাণা বুলি গণ্য কৰা হৈছিল। এই মূল সিদ্ধান্তৰ ওপৰতে বৌদ্ধ দৰ্শন প্ৰতিষ্ঠিত হৈছে। ভাৰতীয় দৰ্শনৰ 'কৰ্ম'ৰ ধাৰণা ('কাৰ্য্য আৰু ফলাফল' প্ৰতিটো হৈ যোৱা কাম আৰু কৰিবলগীয়া কামৰ মাজত সম্বন্ধ থাকে) বৌদ্ধ দৰ্শনতো বিদ্যমান। প্ৰতিটো ঘটনাই আগতে সংঘটিত কৰা অন্য কাৰ্যৰ ফলাফল। কিন্তু বৌদ্ধ মতবাদত 'অজৰ-অমৰ, স্থায়ী' আত্মাৰ কথা স্বীকাৰ কৰা নহয়। শিখ দৰ্শনৰ প্ৰসাৰ ভাৰতত চুফী দৰ্শনৰ প্ৰসাৰ আধুনিক দৰ্শন ভাৰতত ব্ৰিটিছ শাসনৰ কালচোৱাত (১৭৫০-১৯৪৭) 'আধুনিক ভাৰতীয় দৰ্শন'ৰ পাতনি তৰা হয়। এই যুগৰ দাৰ্শনিকসকলে প্ৰাচীন মতবাদৰ সমকালীন ব্যাখ্যা দিবলৈ আৰম্ভ কৰে। স্বামী বিবেকানন্দ, ৰবীন্দ্ৰনাথ ঠাকুৰ, ঋষি অৰবিন্দ, মহাপণ্ডিত ৰাহুল সাংকৃত্যায়ন, স্বামী সহজানন্দ সৰস্বতী, আনন্দ কুমাৰাস্বামী, ৰমন মহৰ্ষি আৰু সৰ্বপল্লী ৰাধাকৃষ্ণন-এ এই আধুনিক ভাৰতীয় দৰ্শনৰ গুৰি ধৰে। ভগৱান শ্ৰী ৰাজনীশ (অ'ছো) আৰু জে. কৃষ্ণমূৰ্তিয়ে নিজা মতবাদৰ প্ৰচলন কৰে। ৰাজনৈতিক দৰ্শন চাণক্যৰ দ্বাৰা ৰছিত অৰ্থশাস্ত্ৰ ৰাজনীতিৰ দৰ্শন সম্বন্ধে ৰছিত এখন প্ৰাচীন বিখ্যাত পুথি। খ্ৰী.পূ. চতুৰ্থ শতিকাত লিখিত এই পুথিত ৰাজনীতি আৰু অৰ্থনীতিৰ কথা আলোচনা কৰা হৈছে। ভাৰতীয়া ৰাজনীতি দৰ্শনত আটাইতকৈ প্ৰখ্যাত মতবাদ হৈছে মহাত্মা গান্ধীৰদ্বাৰা ভাৰতৰ স্বাধীনতা যুদ্ধত অনুসৰিত অহিংসা আৰু সত্যাগ্ৰহ নীতি। এই মত ঘাইকৈ ভাৰতীয় দৰ্শনৰ ধৰ্ম (মূলতঃ ভাগৱত গীতাত বৰ্ণিত)-ৰ মতবাদৰ ওপৰত আশ্ৰিত আছিল। সাহিত্যিক লিও টলষ্টয়, হেনৰি ডেভিদ থৰো আৰু জন ৰাস্কিনৰ লেখনীৰ দ্বাৰাও মহাত্মা গান্ধীৰ মতবাদ প্ৰভাৱান্বিত হৈছিল। তথ্য উৎস বহিঃ সংযোগ (5 (2 (2 দৰ্শন
74876
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A7%81%20%E0%A6%A8%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A3%20%E0%A6%AD%E0%A6%BE%E0%A6%A4%E0%A6%96%E0%A6%BE%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%87
বিষ্ণু নাৰায়ণ ভাতখাণ্ডে
পণ্ডিত বিষ্ণু নাৰায়ণ ভাতখাণ্ডে এজন ভাৰতীয় সংগীতবিদ আছিল যিয়ে হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ওপৰত প্ৰথম আধুনিক গ্ৰন্থ লিখিছিল, যিটো এক কলা যিটো বহু শতাব্দী ধৰি মৌখিক পৰম্পৰাৰ জৰিয়তে প্ৰচাৰিত হৈছিল। সেই আগৰ সময়বোৰত, কলাটোত কেইবাটাও পৰিৱৰ্তন হৈছিল, যাৰ ফলত ৰাগ ব্যাকৰণক কম পুৰণি গ্ৰন্থত নথিভুক্ত কৰা হৈছিল। ৰাগবোৰক ৰাগ (পুৰুষ), ৰাগিণী (মহিলা), আৰু পুত্ৰ (শিশু)ত শ্ৰেণীবদ্ধ কৰা হৈছিল। ভাটখাণ্ডে তেওঁলোকক বৰ্তমানব্যৱহৃত থাট প্ৰণালীত পুনৰ শ্ৰেণীবদ্ধ কৰিছিল। তেওঁ উল্লেখ কৰিছিল যে প্ৰাচীন সংস্কৃত গ্ৰন্থত কেইবাটাও ৰাগ তেওঁলোকৰ বৰ্ণনাৰ সৈতে খাপ খোৱা নাছিল। তেওঁ সহজে বুজিব পৰা ভাষাত ৰাগবোৰ ব্যাখ্যা কৰিছিল আৰু কেইবাটাও বন্দী ৰচনা কৰিছিল যিয়ে ৰাগবোৰৰ ব্যাকৰণ ব্যাখ্যা কৰিছিল। তেওঁ কৰ্ণাটিক সংগীত পণ্ডিত ভেংকটমাখিনৰ পৰা লক্ষণ গীতৰ ধাৰণাটো ধাৰ লৈছিল। জন্ম পণ্ডিত বিষ্ণু নাৰায়ণ ভাটখাণ্ডেৰ জন্ম ১৮৬০ চনৰ ১০ আগষ্টত বোম্বাইৰ ৱালকেশ্বৰত এটা চিত্ৰপৱন ব্ৰাহ্মণ পৰিয়ালত হৈছিল। যদিও নিজে এজন পেছাদাৰী সংগীতজ্ঞ নাছিল, তেওঁৰ দেউতাকে, যি এজন ধনী ব্যৱসায়ীৰ বাবে কাম কৰিছিল, নিশ্চিত কৰিছিল যে ভাটখাণ্ডে আৰু তেওঁৰ ভাই-ভনীসকলে শাস্ত্ৰীয় সংগীতত শিক্ষা লাভ কৰিব। সংগীত শিক্ষা ভাতখাণ্ডে চেতাৰ শিক্ষা বম্বেৰ শেঠ বল্লভধান আৰু জয়পুৰৰ মহম্মদ হুচেইন আলিখাঁৰ ওচৰত গ্ৰহণ কৰে। এইদৰে গায়নৰ শিক্ষা নিজৰ পিতা মাতাৰ উপৰিও গুৰু ৰাওজী বুৱা বেলেৱাখকৰ পণ্ডিত একনাথ কলৱে আলিখাঁ বিলায়ত হুচেইন খাঁ আদিৰ পৰা পায়। পণ্ডিত ভাটখাণ্ডেজীয়ে দেশৰ খ্যাতিমান আৰু ঘৰাণা থকা সঙ্গীতজ্ঞ সকলৰ ৰচনা সমূহ শ্ৰবণ কৰিছিল আৰু ইয়াৰ শৈলী সুগম পৰ্যাবেক্ষন কৰিছিল। নিজৰ অদ্ভুত স্মৰণ আৰু স্মৃতি শক্তি থকাৰ কাৰণে তেওঁ যিকোনো সঙ্গীত ৰচনা এবাৰ শুনিলে পাছত তাৰ পুনৰাবৃত্তি কৰাত সক্ষম হৈছিল। প্ৰচাৰ কাৰ্য্যৰ কাৰণে তেওঁ সমগ্ৰ দেশ যাত্ৰা (ভ্ৰমণ) আৰু প্ৰসিদ্ধ গায়ক বাদকৰ গ্ৰামোফন ৰেকৰ্ড তৈয়াৰ কাৰ প্ৰভৃতি কাৰ্য্যৰ নিজেই টকা পইছা খৰচ কৰিছিল। এইদৰে তেওঁ যি সঙ্গীত ঘৰণাৰ লগত ওতপ্ৰোত ভাৱে জিড়ত অথবা নিমজ্জিত হৈ আছিল তাক সৰ্বসাধাৰণ লোকৰ কাৰণেও সুলভ কৰি তুলিলে। ৰাগ ৰাগিনী পদ্ধতিৰ ঠাইত তেওঁ ঠাট ৰাগ প্ৰণালী আৱিষ্কাৰ কৰিলে। তেওঁৰ ৰচিত দহ ঠাটত সমস্ত ৰাগ উৎপন্ন কৰাৰ ক্ষমতা আছে। তেওঁ নিজৰ বৈজ্ঞানিক আৰু সৰল স্বৰলিপি আৱিষ্কাৰ কৰিলে। এই পদ্ধতিৰ বহল প্ৰচাৰৰ কাৰণে তেওঁ সঙ্গীত বিদ্যালয় স্থাপন কৰে। ইয়াৰ লগতে সৰ্বপ্ৰথম কাশী মহাবিদ্যলায়ত মহামান্য মদনমোহন মালব্যক কৈ সঙ্গীতক বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিলে। ইয়াৰ উপৰিও নিজে অখিল ভাৰতীয় সঙ্গীত শন্মিলনৰ আয়োজন আৰু সঙ্গীতৰ ওপৰত শাস্ত্ৰীয় চৰ্চা ইত্যাদিৰ সূত্ৰপাত কৰিলে। আজি সমগ্ৰ ভাৰততে ভাতখাণ্ডেৰ পদ্ধতিতহে শিক্ষা দিয়া হয়। কৰ্ম জীৱন আৰু কৃতিত্ব পোন্ধৰ বছৰ বয়স হোৱাৰ পিছত, ভাটখাণ্ডে চিতাৰৰ ছাত্ৰ হয় আৰু পৰৱৰ্তী সময়ত সংগীত তত্ত্বৰ সৈতে সম্পৰ্কিত সংস্কৃত গ্ৰন্থঅধ্যয়ন আৰম্ভ কৰে। তেওঁ ১৮৮৫ চনত বোম্বাইৰ এলফিনষ্টোন মহাবিদ্যালয়ত বিএ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। ১৮৮৭ চনত ভাটখাণ্ডে বোম্বাই বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে আৰু চমুকৈ ফৌজদাৰী আইনত কেৰিয়াৰ গঢ়ি তোলে। ভাটখাণ্ডে কেৱল সঙ্গীতজ্ঞ নহয় এজন খ্যাতিপ্ৰাপ্ত অধিবক্তাও আছিল। ১৮৯০ খৃঃ ত তেওঁ এল এল বি পৰীক্ষাত উত্তীৰ্ণ হৈ কৰাচিত আইন ব্যবসায় আৰম্ভ কৰে। পাছত তেওঁ বম্বেলৈ আহি একে ব্যবসায়কে কৰে। কুৰি শতিকাৰ প্ৰথম ভাগতে বৰ্তমানৰ শাস্ত্ৰীয় সঙ্গীতৰ প্ৰতি তেওঁৰ মনোযোগ বিশেষৰূপে আকৰ্ষিত হৈছিল আৰু সঙ্গীত জগতত ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ অৱস্থিতি সম্পৰ্কত বিশেষ অধ্যয়ন আৰম্ভ কৰিছিল। সঙ্গীতজ্ঞৰ মাজত মত ঐক্য নথকাৰ কাৰণে তেওঁ ৰাগ ৰাগিনীৰ সম্বন্ধে অন্বেষণ কৰিবলৈ উৎসুক হৈ উঠে। পৰম্পৰাগত সঙ্গীতক শাস্ত্ৰীয় নিকষৰ ওপৰত পৰীক্ষা কৰা কাৰ্য্য তেওঁ আৰম্ভ কৰিলে। উপলব্ধ আৰু দুৰ্লভ সঙ্গীত গ্ৰন্থক তেওঁ অনুশীলন কৰিলে আৰু ৰাগ ৰাগিনীৰ বাস্তৱিক স্বৰূপ আৰু প্ৰভাৱৰ সম্বন্ধে ধাৰণা নিশ্চিত কৰিলে। সংস্কৃত ভাষাৰ পণ্ডিত হোৱাৰ লগে লগে তেওঁ ইংৰাজী, পাৰ্চী, আৰু উৰ্দু ভাষাতো দক্ষ আছিল। তেওঁ সম্পূৰ্ণ ভাৰত ভ্ৰমণ কৰি উত্তৰ ভাৰতীয় সঙ্গীত পদ্ধতি আৰু দক্ষিণ ভাৰতীয় সঙ্গীত পদ্ধতিৰ সুক্ষম পৰ্যবেক্ষণ কৰিছিল। সংগীত জগতলৈ অৱদান “সঙ্গীত গ্ৰন্থমালা,” “প্ৰশ্নোত্তৰ ৰূপত,” অভিনৱ ৰাগ মঞ্জৰী’ হিন্দুঃস্থান সঙ্গীত পদ্ধতি’ ক্ৰমিক পুস্তকমালিকা” ইত্যাদি গ্ৰন্থ ভাতখেণ্ডেই ৰচনা কৰি ভাৰতীয় সংগীত জগতলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। মৃত্যু সঙ্গীতৰ উদ্ধাৰৰ কাৰণে ভগীৰথ প্ৰবাস কৰি ১৯৩৯ খৃঃৰ ১৯ চেপ্তেম্বৰৰ গণেশ চতুৰ্থীৰ দিনা ভাতখণ্ডেৰ দেহাৱসান ঘটে। তেওঁৰ প্ৰধান শিষ্য আছিল আহমদাবাদৰ পণ্ডিত বাদিলাল শৰ্মা, গোৱালিয়ৰ ৰাজা ভাইয়া পুচবোলে আৰু লক্ষৌৰ শ্ৰীকৃষ্ণ নাৰায়ণ ৰতনঝঙ্গাৰ। এইদৰে সঙ্গীতৰ মহান মনিষীৰূপে পণ্ডিত বিষ্ণু নাৰায়ণ ভাতখাণ্ডে যুগ যুগ ধৰি আমাৰ মাজত অমৰ হৈ থাকিব। তথ্যসূত্ৰ গ্ৰন্থপঞ্জী চৌধুৰী, পণ্ডিত নন্দ কিশোৰ [প্ৰকাশিত], সৰল সংগীত শাস্ত্ৰ (অসমীয়া), ওৱেচিচ অৱছেট প্ৰিণ্টাৰ্ছ প্ৰকাশন, চপাগুৰি-১নং বেংতল গেট, চিৰাং, অসম। কৰণ, কাশী কুমাৰ, [প্ৰকাশিত], সংগীত গুঞ্জন (অসমীয়া), মাতৃ প্ৰিণ্টাৰ্ছ প্ৰকাশন, উত্তৰ লক্ষ্মীমপুৰ-১, অসম। ভাৰতীয়
73038
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A7%8B%E0%A6%AE%E0%A6%BE%E0%A6%A3%E0%A7%8D%E0%A6%9F%E0%A6%BF%E0%A6%95%20%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A6%BF%E0%A6%A4%E0%A6%BE
ৰোমাণ্টিক অভিমুখিতা
ৰোমাণ্টিক অভিমুখিতা বা প্ৰেম অভিমুখিতা ক স্নেহময় অভিমুখিতাও বোলা হয়। ইয়াৰ দ্বাৰা যিকোনো লিংগ বা যৌনতাৰ ব্যক্তিৰ প্ৰতি প্ৰেমময় সম্পৰ্ক গঢ়ি উঠিকে বুজোৱা হয়। একে লিংগৰ যৌন অভিমুখিতাৰ বিকল্প হিচাপে এই অভিধা ব্যৱহাৰ কৰা হয় বা সেই দৃষ্টিকোণৰ পৰা ই এক বৃহৎ পৰিসৰৰ অংশ। উদাহৰণস্বৰূপে, এজন সৰ্বকামী ব্যক্তি বিবেচনাহীন ভাবে; নাৰী-পুৰুষ উভয়ৰ প্ৰতি যৌন আকৰ্ষণ অনুভৱ কৰিব পাৰে। কিন্তু অন্তৰঙ্গ প্ৰেম কেৱল নাৰীৰ প্ৰতিহে অনুভব কৰে, বা কেৱল পুৰুষৰ প্ৰতিহে অনুভৱ কৰে। অকামি ব্যক্তিৰ ক্ষেত্ৰত যৌন অভিমুখিতাৰ তুলনাত প্ৰেমময় অভিমুখিতা; নিজৰ আকৰ্ষণ প্ৰকাশৰ হেতু উপযুক্ত বুলি বিবেচিত হয়।যৌন আকৰ্ষণ আৰু ৰোমাণ্টিক আকৰ্ষণৰ মাজৰ সম্পৰ্ক এতিয়াও বিতৰ্কৰ অধীনত আৰু ই বৰ্তমানলৈ সম্পূৰ্ণকৈ বোধগম্য হোৱা নাই। যৌন আৰু ৰোমাণ্টিক আকৰ্ষণক প্ৰায়ে একেলগে অধ্যয়ন কৰা হয় যদিও যৌন আৰু ৰোমাণ্টিক বৰ্ণালীৰ অধ্যয়নে এই সংখ্যাগতভাৱে নিম্নগৱেষণাৰ বিষয়টোৰ ওপৰত আলোকপাত কৰিছে, অৱশ্যে বৰ্তমানলৈ বহুখিনি সম্পূৰ্ণৰূপে বুজি পোৱা হোৱা নাই। পৰিচয় সমূহ মানুহৰ বিশুদ্ধ আৱেগিক সম্পৰ্কৰে জড়িত হ'বও পাৰে, নহ'বও পাৰে। ইয়াৰে সম্পৰ্কিত প্ৰধান পৰিচয় সমূহ হ'ল: অৰোমাণ্টিক: কোনো ব্যক্তিৰ প্ৰতিয়েই কোনোধৰণৰ ৰোমাণ্টিক বা আৱেগিক আকৰ্ষণ নাথাকে (অৰোমাণ্টিকতা)। বিপৰীতৰোমাণ্টিক: বিপৰীত লিংগৰ ব্যক্তিৰ প্ৰতি আৱেগিক আকৰ্ষণ (বিপৰীতৰোমাণ্টিকতা)। সমৰোমাণ্টিক: একে লিংগৰ ব্যক্তিৰ প্ৰতি অনুভৱ কৰা আৱেগিক বা প্ৰেম মূলক আকৰ্ষণ (সমৰোমাণ্টিকতা)। উভৰোমাণ্টিক: সম বা বিপৰীত লিংগ উভয়ৰে প্ৰতি বা অধিক যৌন পৰিচয়ৰ ব্যক্তিৰ প্ৰতি আৱেগিক আকৰ্ষণ বা প্ৰেমৰ আকৰ্ষণ অনুভৱ কৰা (উভৰোমাণ্টিকতা)। সৰ্বৰোমাণ্টিক: যিকোনো, প্ৰতি বা সকলো লিংগৰ ব্যক্তিৰ প্ৰতি হোৱা আৱেগিক আকৰ্ষণ (সৰ্বৰোমাণ্টিকতা)। ডেমিৰোমাণ্টিক: উপৰোক্ত যিকোনো ধৰণৰ ব্যক্তিৰ সৈতে গঢ়ি উঠা গভীৰ আৱেগিক সম্পৰ্কৰ ফলত সৃষ্টিহোৱা প্ৰেমৰ সম্পৰ্ক (ডেমিৰোমাণ্টিকতা)। গ্ৰেৰোমাণ্টিক: দুলৰ্ভ ভাৱে বা কোনো বিশেষ কাৰণ বশত সৃষ্টি হোৱা ৰোমাণ্টিক সম্পৰ্ক (গ্ৰেৰোমাণ্টিকতা)। যৌন অভিমুখিতা আৰু অকামিতাৰে সম্পৰ্ক ৰোমাণ্টিক আৰু যৌন অভিমুখীতাৰ মাজৰ পাৰ্থক্যৰ প্ৰভাৱবোৰ সম্পূৰ্ণৰূপে চিনাক্ত কৰা হোৱা নাই, বা সেইবোৰ বৰ্তমানলৈ বিস্তৃতভাৱে অধ্যয়ন কৰা হোৱা নাই। বিভিন্ন উৎসবোৰে যৌন অভিমুখীতাৰ বৰ্ণনাৰ বাবে সচৰাচৰ যৌন আৰু ৰোমাণ্টিক দুয়োটা আকৰ্ষণৰ উপাদান অন্তৰ্ভুক্ত কৰে। কিন্তু যৌন অভিমুখীতা আৰু ৰোমাণ্টিক অভিমুখীতাৰ মাজৰ সম্পৰ্ক অনুসন্ধান কৰা প্ৰকাশন সীমিত। তথ্য সংগ্ৰহকৰাত দেখাদিয়া প্ৰত্যাহ্বানৰ ফলত জৰীপত অংশগ্ৰহণকাৰী সকলে যৌন আৰু ৰোমাণ্টিক আকৰ্ষণ চিনাক্ত কৰণৰ বাবে দুয়োটাৰ মাজত পাৰ্থক্য বুজি উঠাত অসুবিধাৰ সন্মুখীন হয়। অকামী ব্যক্তিসকলে কোনো যৌন আকৰ্ষণ অনুভৱ নকৰে; অৱশ্যে, তেওঁলোকে যে ৰোমাণ্টিক আকৰ্ষণ অনুভৱ কৰিব নোৱাৰে বা নকৰে তেনে নহয়। লিছা এম ডায়মণ্ডে কয় যে ব্যক্তিএজনৰ ৰোমাণ্টিক অভিমুখীতা ব্যক্তিজন যৌনভাৱে আকৰ্ষিত হোৱাৰ ব্যক্তিৰ সৈতে সম্পৰ্কিত নহবও পাৰে। যদিও ব্যক্তিসকলৰ যৌন আকৰ্ষণ আৰু ৰোমাণ্টিক আকৰ্ষণৰ মাজৰ বিভেদ বা ক্ৰছ অৰিয়েণ্টেচনৰ ওপৰত গৱেষণাৰ অভাৱ, অৱশ্যে যৌন বা ৰোমাণ্টিক আকৰ্ষণবোৰৰ তৰলতা আৰু বৈচিত্ৰ্যৰ সম্ভাৱনা ক্ৰমান্বয়ে স্বীকৃত হৈছে। গৱেষক বুলমাৰ আৰু ইজুমাই কৰা অধ্যয়ন অনুসৰি যিসকল লোকে এৰোমাণ্টিক বুলি পৰিচয় দিয়ে তেওঁলোকৰ প্ৰায়ে ৰোমাঞ্চৰ সম্পৰ্কত অধিক নেতিবাচক মনোভাৱ থাকে। য'ত গৱেষণাৰ নমুনটোত প্ৰায় ১% লোকে নিজক অযৌন বুলি চিনাক্ত কৰে, সেই লোকসকলৰ ৭৪% লোকৰ কোনো প্ৰকাৰৰ ৰোমাণ্টিক আকৰ্ষণ থকাবুলি জনায়। জাপানী এলজিবিটি আৰু অকামী সংগঠন এছআৰজিএম ফেডাৰেচনে ঘোষণা কৰিছে যে, "যৌন অভিমুখীতা আৰু ৰোমাঞ্চঅভিমুখীতাৰ মাজৰ বিভ্ৰান্তি একপ্ৰকাৰ মানৱ অধিকাৰৰ উলংঘন।" প্ৰেমহীনতা এৰোমাণ্টিক লোকসকলৰ এটা গুণ হৈছে যে, কোনো ৰোমাণ্টিক আকৰ্ষণ অনুভৱ নকৰা স্বত্বেও, তেওঁলোকে যৌন সম্পৰ্ক একোটা উপভোগ কৰিব পাৰে। এৰোমাণ্টিক লোকসকলে প্ৰেম অনুভৱ কৰিবলৈ অক্ষম নহয়; উদাহৰণ স্বৰূপে, তেওঁলোকে পাৰিবাৰিক প্ৰেম, বা বন্ধুবৰ্গৰ মাজত প্লেট'নিক প্ৰেমৰ অনুভৱ কৰিব পাৰে। যিসকল ব্যক্তিয়ে এৰোমাণ্টিক বুলি পৰিচয় দিয়ে তেওঁলোকে সম্ভৱ পৰিয়াল আৰু বন্ধুবৰ্গৰ মৰমক ৰোমাণ্টিক সঙ্গীৰ সৈতে হোৱা ৰোমাণ্টিকতাৰ মাজত পাৰ্থক্য বুজিবলৈ অক্ষম। বহুতো এৰোমাণ্টিক লোক অকামী, কিন্তু এৰোমাণ্টিক শব্দটো বিভিন্ন যৌন পৰিচয়ৰ সম্পৰ্কত ব্যৱহাৰ কৰিব পাৰি, যেনে এৰোমাণ্টিক উভকামী, এৰোমাণ্টিক বিপৰীতকামী, এৰোমাণ্টিক সমকামী, বা এৰোমাণ্টিক অকামী। ইয়াৰ কাৰণ হৈছে এৰোমাণ্টিকতা মূলতঃ যৌনতা বা কামশক্তিৰ বাদেও ৰোমাণ্টিক আকৰ্ষণৰ সৈতে সম্পৰ্কিত। কিছুমান প্ৰকাশনে যুক্তি দিছে যে সংবাদ মাধ্যমত আৰু গৱেষণাত অকামী আৰু এৰোমাণ্টিক লোকৰ প্ৰতিনিধিত্ব কমকৈ দেখা যায়, আৰু তেওঁলোকক প্ৰায়ে ভুল বুজা হয়। এৰোমাণ্টিক লোকসকলে প্ৰায়ে কলঙ্কৰ সন্মুখীন হয় আৰু অন্তৰংগতাক ভয় কৰা, হৃদয়হীন বা বিভ্ৰান্ত হোৱাৰ দৰে পৰিচয়ৰ সৈতে কিছুমান দৃঢ়বদ্ধতাৰে সীমাবদ্ধ কৰা হয়। এৰোমাণ্টিকতাৰ বিপৰীত শব্দ হৈছে এলোৰোমাণ্টিকতা, আনৰ প্ৰতি ৰোমাণ্টিক প্ৰেম বা ৰোমাণ্টিক আকৰ্ষণঅনুভৱ কৰাৰ অৱস্থা, আনহাতে এনে ব্যক্তিক এলোৰোমাণ্টিক বুলি কোৱা হয়। এজন ৰোমাণ্টিক ব্যক্তিৰ বাবে এটা অনানুষ্ঠানিক শব্দ হৈছে এৰো। সম্প্ৰসাৰিত এলজিবিটি প্ৰাৰম্ভিকতা এলজিবিটিকিউআইএ+ ত, এ আখৰটোৰ অৰ্থ হৈছে অকামী, এৰোমাণ্টিক আৰু এজেণ্ডাৰ। তথ্যউৎস যৌন
43067
https://as.wikipedia.org/wiki/%E0%A6%86%E0%A6%B9%E0%A6%B2%E0%A7%87%20%E0%A6%B9%E0%A6%BE%E0%A6%A6%E0%A6%BF%E0%A6%9B
আহলে হাদিছ
আহলে হাদিছ, বা আহল-ই-হাদিছ হ'ল ফাৰ্চী শব্দ, বা আছহাবুল হাদিছ (আৰবী: অথবা যাৰ শব্দিক অৰ্থ হ'ল, হাদিছৰ বিশেজ্ঞ্য। পাৰিভাষিক অৰ্থ হ'লঃ ছহীহ,জঈফ,জাল সকলো হাদিছৰ নিৰপেক্ষ সংৰক্ষণকাৰী। কোৰআনক আল্লাহে নিজেই বহুত ঠাইত হাদিছ বুলিছে আৰু হাদিছৰ শব্দিক অৰ্থ বাণী, যিহেতু ৰাছুল মুহাম্মাদ(ছাঃ)ৰ বাণী হৈছে হাদিছ, সেয়েহেই সকলো মিলাই আহলে হাদিছ বা আছহাবুল হাদিছৰ অৰ্থঃ হাদীছ বিশেজ্ঞ্য যি সকলে হাদীছ সমূহ সংৰক্ষণ কৰি থৈ গৈছে। পূৰ্ববৰ্তী আলিমসকলৰ অভিমত, এইসকল হ'ল মুছলিম উম্মাহৰ মাজৰ এনেকুৱা এটা দল যিসকলে কোৰআন আৰু হাদিছৰ অনুসৰণ কৰিছে। কিছুমানে নিজকে আহলে হাদিছ (আহল আল-হাদিছ) বা ছালাফি মতবাদ বুলি মাতিলেও, বহুতে ইয়াক ওৱাহাবি মতবাদৰ এটা প্ৰকৰণ বুলি দাবি কৰে ইয়াৰ অনুসাৰীসকলৰ ওয়াহাবি নামেৰে চিহ্নিত কৰে। সিহঁতে প্ৰসিদ্ধ চাৰি মাজহাবৰ ইমাম, ইমাম আবু হানিফা (ৰহঃ), ইমাম মালিক (ৰহঃ), ইমাম শ্বাফী(ৰহঃ), ইমাম হাম্বল (ৰহঃ) সহ সকলো মুজতাহিদসকলৰ ফতোয়াক গুৰুত্বৰ সৈতে বিবেচনা কৰে, কিন্তু নিজৰ পছন্দৰ ওপৰত চলে। সিহঁতৰ আৰু বৈশিষ্ট্য দেখা যায়, সিহঁতে কোৰআন আৰু ছহীহ হাদিছক সৰ্ব প্ৰথমে অনুসৰণ কৰাৰ দাবি কৰে, তাৰপাছত অস্পষ্ট বিষয়সমূহত ইমামসকল অৰ্থাৎ মুজতাহিদসকলৰ ফতোয়া পৰ্যালোচনা কৰি গ্ৰহণ কৰে। প্ৰকৃতত আহলে হাদিছ মুহাদ্দিছ সকলে হাদিছ শাস্ত্ৰৰ বিভিন্ন পদ্ধতিক কামত লগাই হাদিছৰ চনদ পৰীক্ষা-নিৰীক্ষাৰ পাছত ছহিহ, দুৰ্বল, জাল এইভাবে হাদিছৰ শ্ৰেণী বিভাগ কৰে। ইতিহাস আনুমানিক ইছলাম আগমনৰ তৃতীয়তম শতাব্দীৰ দিশে সমসাময়িক আইনশাস্ত্ৰৰ আলিমসকলৰ মতামতৰ পৰা মুহাম্মাদ(ছাঃ)ৰ মতাদৰ্শ বা হাদিছৰ ওপৰত অধিক জোৰ দিয়াৰ মাধ্যমেৰে এই মতবাদৰ সূচনা হয়। ৯ম শতাব্দীত মুতাজিলা মতবাদৰ বিৰোধিতাৰ মাধ্যমেৰে এই মতবাদৰ উদ্ভৱ ঘটে। কেভিন জাকুয়েচৰ মতে, আহলে হাদিছসকল খলিফা ইয়াজিদ কৰ্তক সংগঠিত হত্যাকাণ্ডৰ প্ৰতিক্ৰিযা হিচাপে এটা ধৰ্মীয় ইতিবাচক ব্যাখ্যাৰ উন্মেষ ঘটাইছে। অধ্যাপক "চেৰিল গ্লাচ" এ ইবনে হাজমক আহলে হাদিছ মতবাদৰ আটাইতকৈ ডাঙৰ দাৰ্শনিক আৰু ধৰ্মতাত্ত্বিক বুলি ভাবে। ইবনে তাইমিয়া, আল আহমাদ ইবনে হাম্বল, ইবনে কাইম আল জাওয়াজিয়া, মুহাম্মাদ আল বুখাৰি, ইবনে হাজাৰ আস্কালানি, কাজই আইয়াদসহ আৰু বহুতেই এই মতবাদক প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে সমৰ্থন আৰু সহযোগিতা কৰিছে। এই মতবাদৰ অনুসাৰীসকলে নিজক খলিফায়ে ৰাশ্বিদুনৰ মতবাদৰ অনুসাৰী বুলি ভাবে। দক্ষিণ এছিয়া বিভিন্ন ইতিহাসবিদ সকলৰ তথ্য অনুযায়ী জনা যায় যে, ভাৰতত ব্ৰিটিছ বিৰোধী আন্দোলনত আহলে হাদিছ সকলে অগ্ৰণী ভূমিকা পালন কৰিছিল। "জমিয়তে আহলে হাদিছ" ১৯৪৮ চনত ভাৰতবৰ্ষত প্ৰতিষ্ঠা হয়। বাংলাদেশত আহলে হাদিছৰ দুটা সংগঠনক দেখা পোৱা যায়, যিসকলে ধৰ্ম প্ৰচাৰৰ কাম কৰি থাকে। এটা, ১৯৬০ চনত বঙালী একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম সাহিত্যিক আল্লামা আব্দুল্লাহেল কাফী আল কোৰায়েশ্বীৰ মাধ্যমেৰে আৰু অন্য সংগঠনটো হ'ল "আহলে হাদিছ আন্দোলন বাংলাদেশ", যিটো ১৯৯৪ চনত ৰাজশাহী বিশ্ববিদ্যালয়ৰ আৰবী বিভাগৰ অধ্যাপক মুহাম্মাদ আছাদুল্লাহ আল গালিবএ প্ৰতিষ্ঠা কৰে। বৈশিষ্ট্য মুছলিমসকলে বিশ্বাস কৰে যে,আহলেহাদীছ্ কোনো ধৰ্মৰ, জাতিৰ বা কোনো সম্প্ৰদায়ৰ নাম নহয়, এইটো মুছলিমসকলৰ এটি গুণগত বা বৈশিষ্ট্যগত নাম মাত্ৰ। ফাৰছী সম্বন্ধ পদত 'আহলে হাদীছ্' আৰু আৰবী সম্বন্ধ পদত 'আহলুল হাদীছ্'ৰ আভিধানিক অৰ্থঃ হাদীছৰ অনুসাৰী; আৰু পাৰিভাষিক অৰ্থত, "কুৰআন আৰু ছহীহ্ হাদীছৰ নিৰপেক্ষ অনুসাৰী। যিয়ে জীৱনৰ সৰ্বক্ষেত্ৰত পবিত্ৰ কুৰআন আৰু ছহীহ্ হাদীছৰ সিদ্ধান্তক নিঃচৰ্তভাৱে মানি লব আৰু মুহাম্মাদ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু চাহাবায়ে কিৰামৰ তৰীক্কা অনুযায়ী নিজৰ সাৰ্বিক জীৱন গঢ়ি তুলিবলৈ সচেষ্ট হ’ব, কেৱল-মাত্ৰ তেৱেঁই এই নামেৰে অভিহিত হ’ব বুলি ভবা হয়। দাবী কৰা হয় চাহাবায়ে কিৰাম হ’ল আহলে হাদীছ্সকলৰ প্ৰথম শাৰীৰ সন্মানিত দল। কিয়নো চাহাবায়ে কিৰামৰ যুগতেই এই আহলে হাদীছ্ শব্দটিয়ে ব্যাপকভাৱে প্ৰসাৰ লাভ কৰে। কাৰণ সেই সময়ত বিভিন্ন ফিৰ্কাই জন্ম লৈছিল, যেনে- চিয়া, খাৰেজী, মুতাযিলা, মুৰজিয়া, ৰাফেজিয়া প্ৰভৃতি নামেৰে প্ৰসিদ্ধ। তেওঁলোক সকলোৱেই নিজকে আহলুচ ছুন্নাহ ও মুছলিম বুলি দাবী কৰিছিল। এই কাৰণেই প্ৰকৃত মুছলিম হিচাবে চিহ্নিত কৰাৰ লক্ষ্যে আহলুল হাদীছ্ শব্দটি ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা চাহাবায়ে কিৰামৰ যুগৰ পৰাই দেখা যায়। পৰিচিত ইছলামৰ নবী মুহাম্মাদ (ছাঃ)য়ে কৈছে, 'মোৰ উম্মতৰ মাজত এটা দল আল্লাহৰ পক্ষৰ পৰা সৰ্বদা সাহায্য পাই থাকিব, পৰিত্যাগকাৰি সকলে সিহঁতৰ কোনো ক্ষতি কৰিব নোৱাৰিব। ইমাম আহমাদ বিন হাম্বল য়ে কৈছে, 'সাহায্যপ্ৰাপ্ত এই দলটো যদি আছহাবুল হাদিছ (আহলে হাদিছ) নহয় তেতিয়াহ'লে এই দল কোন সেয়া মই নাজানো। ইমাম বুখাৰীৰ উস্তাদ ইমাম আলী ইবনুল মাদানীয়ে কৈছে, 'সিহঁত হৈছে আছহাবুল হাদিছ (আহলে হাদিছ)। ইমাম আহমাদ বিন ছিনান আল-ওয়াছিতিয়ে কৈছে, 'দুনিয়াত এনেকুৱা কোনো বিদআতী নাই, যিয়ে আহলে হাদিছসকলৰ প্ৰতি বিদ্বেষ পোষণ নকৰে। আবু ছাঈদ খুদৰী (ৰাঃ)ৰ পৰা বৰ্ণিত, তেওঁ যেতিয়া কোনো মুছলিম যুৱকক দেখিছিল তেতিয়া খুছী হৈ কৈছিল, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অছীয়ত অনুযায়ী মই তোমাক মাৰহাবা জনাইছোঁ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক তোমালোকৰ কাৰণে মজলিছ প্ৰশস্ত কৰাৰ ও তোমালোকক হাদীছ্ বুজোৱাৰ নিৰ্দেশ দি গৈছে। কিয়নো তোমালোকেই আমাৰ পৰৱৰ্তী বংশধৰ ও পৰৱৰ্তী আহলে হাদীছ্। খ্যাতনামা তাবেঈ ইমাম শ্বা'বী (ৰহঃ)য়ে (২২-১০৪ হিঃ) চাহাবায়ে কিৰামৰ জামা‘আতক আহলুল হাদীছ্ বুলি কৈছিল। যেনে- এদিন তেওঁ ক’লে, "এতিয়া যিবোৰ ঘটিছে, তাক আগতে জনা হ’লে কোনো হাদীছ্ বৰ্ণনা নকৰিলোহেঁতেন কেৱল সেই হাদীছ্ ব্যতীত, যাৰ ওপৰত আহলুল হাদীছ্ অৰ্থাৎ চাহাবায়ে কিৰামে একমত হৈছিল। ইয়াৰ উপৰিও প্ৰসিদ্ধ চাৰি ইমামৰ সকলোৱেই আহলে হাদীছ্ আছিল। যেনে- ইমামে আযম আবু হানিফা (ৰহ:)য়ে কৈছে, "যেতিয়া ছহীহ্ হাদীছ্ পাবা, জানি লোৱা সেইটোৱেই মোৰ মাযহাব। আকৌ এবাৰ তেওঁ তেওঁৰ শিষ্যক তেওঁৰ বক্তব্য লিখা দেখি ধমক দি ক’লে,"সাৱধান হে ইয়াকুব! মোৰ ওচৰৰ পৰা যি শুনা তাকেই লিখি নলবা। কিয়নো মই আজি যি ৰায় দিম (হাদীছ পোৱাৰ কাৰণে) কাইলৈ তাক পৰিত্যাগ কৰোঁ। আকৌ কালি যি ৰায় দিম, পৰহিলৈ তাক প্ৰত্যাহাৰ কৰোঁ। ইমাম শ্বাফেঈ (ৰহঃ)য়ে কৈছে, "যেতিয়া মই কোনো আহলে হাদীছ্ক দেখা পাওঁ, তেতিয়া মই যেন ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ চাহাবীসকলক জীৱন্ত দেখিলোঁ।” ইমাম আহমদ বিন হাম্বল (ৰহঃ)য়ে কৈছে, "তেওঁলোক যদি আহলে হাদীছ্ নহয়, তেন্তে মই নাজানো তেওঁলোক কোন। তদুপৰি তেওঁ আকৌ কৈছে, "আহলে হাদীছতকৈ উত্তম কোনো দল মোৰ ওচৰত নাই। তেওঁলোকে হাদীছৰ বাহিৰে অন্য একো চিনি নাপায়। ইমাম আবুদাউদ (ৰহঃ)য়ে কৈছে, "আহলে হাদীছ্ জামা‘আত যদি দুনিয়াত নাথাকিলহেঁতেন, তেনেহ’লে ইছলাম দুনিয়াৰ পৰা বিলীন হৈ গ’লহেঁতেন। খলিফা হাৰুণৰ ৰছীদে (মৃঃ ১৯৩ হিঃ) কৈছিল, "মই মুছলিমসকলৰ চাৰিটা দলৰ মাজত চাৰিটা বস্তু পাইছোঁ, কুফৰি সন্ধান কৰি পাইছোঁ 'জাহমিয়া'সকলৰ মাজত, কুট তৰ্ক ও বিবাদ পাইছোঁ মু'তাযিলাসকলৰ মাজত, মিছা বিচাৰিছোঁ আৰু সেইটো পাইছোঁ ৰাফেজিয়াসকলৰ মাজত, ইয়াৰ পিছত মই হক্ক বিচাৰিছোঁ আৰু সেইটো পাইছোঁ 'আহলে হাদীছ্'সকলৰ মাজত। বড় পীৰ নামেৰে খ্যাত শায়খ আব্দুল ক্কাদিৰ জিলানী (ৰহঃ)য়ে কৈছে, "আহলে ছুন্নাত অল জামা‘আতৰ অন্য কোনো নাম নাই এটি নাম ব্যতীত, আৰু সেইটোৱেই হ’ল 'আহলুল হাদীছ্'। ইয়াৰোপৰি অজস্ৰ প্ৰমাণ সংৰক্ষিত আছে। কিন্তু বিশেষ কথাটি হ’ল এই যে, চাৰি ইমামৰ সকলোৱেই তেওঁলোকৰ তাক্কলিদ তথা দ্বীনি বিষয়ে অন্ধ অনুসৰণ বৰ্জন কৰি ছহীহ্ হাদীছ্ অনুযায়ী আমল কৰাৰ কাৰণে সকলোকে নিৰ্দেশ দি গৈছে। এতেকে স্পষ্টতঃ প্ৰতীয়মান যে, চাহাবীসকলৰ যুগৰ পৰাই এই আহলুল হাদীছ্ শব্দটি চলি আহিছে। এক কথাত কব পাৰি, "চাহাবায়ে কিৰামৰ যুগৰ পৰা চলি অহা নিৰ্ভেজাল মুছলিমসকলৰ এটি স্বতন্ত্ৰ বৈশিষ্ট্যগত নাম। আহলুল হাদীছ্ মানে কুৰআন আৰু ছহীহ্ ছুন্নাহৰ অনুসাৰীৰ নাম। তথ্য সূত্ৰ বহিঃসংযোগ ইমাম বুখাৰীৰ জীৱনী ইমাম বুখাৰীঃ তেওঁৰ জীৱন আৰু কৰ্ম অংশ ১ মুহাম্মাদ আল-বুখাৰীৰ জীৱনী ইমাম বুখাৰী (ৰহঃ)ৰ সংক্ষিপ্ত জীৱনী ইছলাম
54806
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%BE%E0%A6%AE%E0%A7%B0%E0%A7%82%E0%A6%AA%E0%A7%80%20%E0%A6%89%E0%A6%AA%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE
কামৰূপী উপভাষা
কামৰূপী উপভাষা বা কামৰূপীয়া অসমৰ কামৰূপ অঞ্চলত বহুলভাৱে প্ৰচলিত অসমীয়া ভাষাৰ উপভাষা। পশ্চিম অসমত প্ৰচলিত অসমীয়াৰ দুই উপভাষাৰ ভিতৰত কামৰূপী অন্যতম। আনটো উপভাষা হৈছে গোৱালপাৰীয়া উপভাষা বা গোৱালপাৰীয়া। কামৰূপীয়াৰ লগত বৰপেটীয়া, নলবাৰীয়া আৰু পলাশবাৰীয়া উপভাষাৰ লগত মিল আছে। কিছুমানৰ মতে এই তিনিটা কামৰূপীৰ উপ-উপভাষা। মধ্যযুগত গোটেই ব্ৰহ্মপুত্ৰ উপত্যকা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত সংস্কৃত ভাষাৰ সমান্তৰালকৈ কামৰূপী পদ্য আৰু গদ্য ৰচনাত সাহিত্যিক ভাষা হিচাপে ব্যৱহৃত হৈছিল। সেই সময়ত মধ্য ভাৰতত প্ৰচলিত ৰীতিৰ ই ওলোটা আছিল, যেনে বিদ্যাপতিয়ে গদ্যৰ বাবে সংস্কৃত আৰু পদ্যৰ বাবে মৈথিলী ভাষা ব্যৱহাৰ কৰিছিল। বৰ্তমান সময়ত জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক ইন্দিৰা গোস্বামীয়ে তেওঁৰ সাহিত্যত দক্ষিণ কামৰূপী ভাষা প্ৰয়োগ কৰিছিল। সেইদৰে কবি অম্বিকাগিৰি ৰায়চৌধুৰীয়েও তেখেতৰ সাহিত্যত কামৰূপী ব্যৱহাৰ কৰিছিল। ২০১৮ চনত কামৰূপী ভাষাত নিৰ্মিত ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ অস্কাৰ বঁটালৈ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ মনোনয়নৰ বাবে ভাৰতৰ আধিকাৰীক প্ৰবিষ্টি লাভ কৰিছিল। কামৰূপ অঞ্চল কামৰূপী মানস নদী আৰু বৰনদীৰ মাজৰ অঞ্চলত প্ৰচলিত। এই অঞ্চল প্ৰাচীন কালত কামৰূপ ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। খ্ৰীষ্টীয় চতুৰ্থৰ পৰা দ্বাদশ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্যৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা দুই বা তিনি ৰাজবংশয়ে ৰাজত্ব কৰিছিল। সেইদৰে উত্তৰ গুৱাহাটীৰ ৰাজধানী আছিল দুৰ্জয়। এই ৰাজ্য মধ্য অসমৰ ডবকা ৰাজ্যৰ সমসাময়িক আছিল। পিছলৈ ডবকা ৰাজ্য কামৰূপৰ লগত অন্তৰ্ভুক্ত হয় আৰু আৰু ইয়াৰ পৰিসৰ পূবলৈ বৃদ্ধি হয়। ইয়াৰ পশ্চিমে কৰতোৱা নদী, পূবে শদিয়া ৰাজ্য, উত্তৰে ভূটান আৰু দক্ষিণে বাংলাদেশ অৱস্থিত আছিল। মধ্যযুগ মোগল সকলে কামৰূপ অঞ্চলক চাৰিটা চৰকাৰত (প্ৰশাসনিক গোট) ভাগ কৰিছিল। সেইকেইটা হ'ল: বঙালভূম, ঢেকেৰী, দক্ষিণকুল আৰু কামৰূপ। কামৰূপী ভাষা ইয়াৰ কামৰূপ চৰকাৰত প্ৰচলিত আছিল। মধ্যযুগৰ পিছৰছোৱাত কামৰূপী ভাষা লাহে লাহে পূব অসমলৈ বিস্তাৰিত হয়। মধ্যযুগীয়া অসমীয়াৰ নিদৰ্শন ১৪শ শতিকাৰ উত্তৰ বংগ, পশ্চিম অসম আৰু কিছুপৰিমাণে মধ্য অসমত পোৱা গৈছে। পিছলৈ শ্ৰীমন্ত শংকৰদেৱ প্ৰমুখ্যে আন বৈষ্ণৱ কবি সকলে কামৰূপী ভাষাত সাহিত্য ৰচনা কৰিছিল। ঔপনিৱেশিক কাল ১৮২৪ খ্ৰীষ্টাব্দত কামৰূপ ব্ৰিটিছসকলৰ অধীন হয়। ব্ৰিটিছে কামৰূপ চৰকাৰ আৰু কামপীঠক একত্ৰিত কৰি অবিভক্ত কামৰূপ জিলা স্থাপন কৰে। সেইসময়তে ১৮৩৮ খ্ৰীষ্টাব্দত আমেৰিকান বাপিষ্ট মিছনেৰী সকলৰ সহযোগত পূব অসমৰ কথিত ভাষাত বাইবেলৰ অনুবাদ কৰা হয়। তাৰপিছত ব্ৰিটিছ সকলে ১৮৭৩ খ্ৰীষ্টাব্দত পূব অসমৰ শিৱসাগৰীয়া কথিত ভাষাক মান্য চৰকাৰী ভাষাৰ মৰ্যাদা প্ৰদান কৰে। কামৰূপী ভাষাৰ স্থান ভেদে পাৰ্থক্য পৰিলক্ষিত হয় কিন্তু পূব অসমৰ ভাষা এক বৃহৎ অঞ্চলত প্ৰায় অপৰিৱৰ্তিত ৰূপত দেখা যায়। সেইসময়ৰ কামৰূপী পণ্ডিত সকল যেনে শ্যামল চৌধুৰী, অমৃতভূষণ দেৱ অধিকাৰী আৰু কালিৰাম মেধিয়ে গোটেই উপত্যকাতে পূব অসমীয়া ভাষা আৰোপ কৰা আৰু বিশেষকৈ কামৰূপী ভাষাক অৱমাননা কৰা চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল। আধুনিক কাল সাহিত্যৰ মূল স্থান কামৰূপৰ গুৱাহাটীলৈ স্থানান্তৰ হোৱাৰ পিছত মান্য অসমীয়া ভাষাত কামৰূপী ভাষাৰ প্ৰভাৱ পৰিলক্ষিত হয়। কামৰূপী উপভাষা বৰ্তমান কালত কামৰূপ গ্ৰাম্য জিলা, কামৰূপ মহানগৰ জিলা, নলবাৰী জিলা (নলবাৰীয়া উপভাষা), বৰপেটা জিলা (বৰপেটীয়া উপভাষা), দৰং জিলা (দৰঙীয়া উপভাষা), কোকৰাঝাৰ জিলা আৰু বঙাইগাঁও জিলাত (ৰাজবংশী ভাষা) প্ৰচলিত। ভাষাবিদৰ মত সুনীতি কুমাৰ ভট্টাচাৰ্যৰ মতে গংগা নদীৰ উত্তৰৰ মাগধী প্ৰাকৃতৰ পৰা উত্তৰ বংগ আৰু পশ্চিম অসমত প্ৰাচীন কামৰূপীৰ উৎপত্তি হৈছিল। তেওঁ মগধৰ ভাষা সমূহক অঞ্চলৰ ওপৰত ভিত্তি কৰি ৰাঢ়, ভাৰেন্দ্ৰ, ভংগ আৰু কামৰূপ হিচাপে বিভক্ত কৰিছিল। সুকুমাৰ সেনৰ মতে, "অসমীয়া, বা বিশেষকৈ পুৰণি কামৰূপী পশ্চিম অসম বা কামৰূপত সোমোৱাৰ পিছত ইয়াৰ কথা প্ৰথমবাৰৰ বাবে অসমীয়া হিচাপে বৈশিষ্ট্যযুক্ত হয়। উপেন্দ্ৰনাথ গোস্বামীৰ মতে, "অসমীয়া ভাষা, পশ্চিমৰ পৰা আহি কামৰূপ অঞ্চলত প্ৰথমে বৈশিষ্ট্যযুক্ত হয়, ইয়াৰ সীমা অতীতত উত্তৰ বংগৰ কোচ বিহাৰ, ৰংপুৰ আৰু জলফাইগুড়ি জিলা আছিল। সাহিত্য বৰ্মণ ৰাজবংশৰ সময়ত তামৰ ফলিত উদ্ধাৰ হোৱা অষ্টমৰ পৰা দশম শতিকাৰ উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰচলিত বজ্ৰযান বৌদ্ধ ধৰ্মৰ চৰ্যাপদ সমূহত কামৰূপী বা প্ৰাক অসমীয়াৰ প্ৰথম লিখিত নিদৰ্শন পোৱা গৈছে। চৰ্যাপদ সমূহ গীত হিচাপে গোৱা হৈছিল। বিংশ শতিকাৰ আৰম্ভণিত নেপালত হৰিপ্ৰসাদ শাস্ত্ৰীৰ দ্বাৰা আৱিষ্কৃত চৰ্যাপদ সমূহত কামৰূপীৰ লগতে অন্যান্য ভাৰতীয় আৰ্য ভাষাসমূহৰ নিদৰ্শন পোৱা গৈছে। চৰ্যাপদৰ ৰচক মহাসিদ্ধ আৰু সিদ্ধাচাৰ্য সকল বিভিন্ন অঞ্চল যেনে কামৰূপ (অসম), গৌড় (বংগ), কলিংগ (ওড়িশা) আৰু মিথিলা (বিহাৰ) আদি অঞ্চলৰ আছিল। মধ্যযুগত ৰাম সৰস্বতী, অনন্ত কন্দলী, শ্ৰীধৰ কন্দলি, সৰ্বভৌম ভট্টাচাৰ্য, কলাপচন্দ্ৰ দ্বিজ আৰু ভট্টদেৱ আদিয়ে কামৰূপী ভাষাত সাহিত্য ৰচনা কৰিছিল। হেম সৰস্বতী আৰু হৰিবৰ বিপ্ৰ দুগৰাকী বিখ্যাত কামৰূপী কবি আছিল। হেম সৰস্বতীয়ে বামন পুৰাণৰ আধাৰত "প্ৰহ্লাদ চৰিত্ৰ" আৰু হৰিহৰ বিপ্ৰয়ে মহাভাৰতৰ আধাৰত "অশ্বমেধ পৰ্ব" ৰচনা কৰিছিল। বৰপেটাৰ কবিৰত্নয়ে "জয়দ্ৰথ বধ" ৰচনা কৰিছিল। পিছলৈ মাধৱ কন্দলিৰ সপ্তকাণ্ড ৰামায়ণ আৰু ৰুদ্ৰ কন্দলিৰ মহাভাৰতৰ ভাঙনিত কামৰূপী ব্যৱহৃত হৈছিল। ১৬ শতিকাৰ যোগিনী তন্ত্ৰত কামৰূপ ৰাজ্যৰ সীমা বৰ্ণনা কৰা হৈছিল। এই গ্ৰন্থ পাল ৰাজবংশয়ে ৰাজত্ব কৰা কালছোৱাত ১৬ শতিকাৰ আদি ভাগত ৰচনা কৰা হৈছিল। এই সময়তে দুৰ্গাবৰ কায়স্থয়ে "বেহুলা উপাখ্যান" ৰচনা কৰিছিল। বৰ্তমান সময়ত জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক ইন্দিৰা গোস্বামীয়ে তেওঁৰ সাহিত্যত দক্ষিণ কামৰূপী ভাষা প্ৰয়োগ কৰিছিল। তেওঁৰ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসখন সম্পূৰ্ণৰূপে কামৰূপী ভাষাত ৰচিত। সেইদৰে কবি অম্বিকাগিৰি ৰায়চৌধুৰীয়েও তেওঁৰ সাহিত্যত কামৰূপী ব্যৱহাৰ কৰিছিল। তথ্য উৎস অসমৰ ভাষা আৰু লিপি
4995
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A6%95%E0%A6%B2%E0%A6%82
চকলং
চকলং বা চ'-ক্লঙ হ'ল টাই আহোম সকলৰ ফ্ৰা-লুং ধৰ্ম নিয়ম অনুসৰি প্ৰাচীন পুথি লাই লিত নাঙ হুন ফাত উল্লিখিত নিয়ম অনুসৰি পালন কৰা এক প্ৰকাৰৰ ক্লঙ বা ধৰ্মীয় অনুষ্ঠান যি আহোম বিবাহ পৰম্পৰা তিনিদিনীয়া কাৰ্যসূচীৰ তৃতীয় দিনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু মুখ্য অনুষ্ঠান। টাই আহোম ভাষাত ইয়াৰ অৰ্থ হ’ল চ=যোৰা লগোৱা, ক্লঙ=পূজা। আৰম্ভণি চকলং বিবাহ পদ্ধতি পোন প্ৰথমে আহোমৰ দেৱতা লেংদনে অক কাই মহুং দেৱতা ৰজাৰ জেষ্ঠা কন্যা নাং হুন ফাক বিয়া কৰোঁতেই আৰম্ভ হ’ল আৰু তাৰ পিছৰ পৰাই টাই মানুহৰ মাজত প্ৰচলিত হৈ আহিছে। টাই আহোমৰ লাই-লিত নাং হুন ফা নামৰ পুথিখনিত ইয়াৰ বিষয়ে লিখা আছে। লংদনে অক-কাই মহুঙৰ কন্যাক বিয়া কৰাম বুলি সুন্দৰ ৰঙা ফুলাম গামোছাৰে “চকলি ভাৰ” বা সোধনি ভাৰ” আগবঢ়ায়। লেংদনে ম-লাও খ্ৰিৰ নেতৃত্বত কইনাৰ মাক-দেউতাক আৰু জ্যেষ্ঠজনলৈ পঠিওৱা এই ভাৰখনক কাই ম হুং ৰজাই সাদৰেৰে গ্ৰহণ কৰে। আৰু তেতিয়াই মলাও খ্ৰিয়ে লেংদনৰ হৈ এইদৰে টাই ভাষাতে কয়- “লেংদন মৌং ফি নাং ৰুখাম লিত তি ব-ই ফা নু ৰু লেংদন মাউ ছেং ৰেং খাম মুং ফি মুং বাণ নাং ফুং মি হান লোন য়াং মাই জিয়ু নাং হুন ফা কা আও জাম য়ু লেংদন কাই কু ৰাই এন না ছেং ইন চিম লি মেক মো ক’প বাউ প্লু চোং মাউ কা ঐ” আৰু পাণ তামোলৰ শৰাইখন কইনাৰ মাক-দেউতাকৰ সন্মুখত ৰাখি ছোৱালী খুজিবলৈ আহিছোঁ বুলি কয়। তেওঁলোকেও শৰাইখন হাতেৰে চুই সন্মতি প্ৰদান কৰে। আৰু লগে লগে চকলং পাতিবলৈ সাজু হয়। তেতিয়াৰ পৰাই আহোম সমাজত চকলং প্ৰথা চলিল। আহোম সকলৰ চকলং প্ৰথাটো লেংদনে আৰম্ভ কৰা প্ৰায় খৃঃ পূঃ ৫৫৮-ৰ পৰা হয় বুলি অনুমান কৰে। আহোম ভাষাত থকা লাঈ-লিত-নাং-হুন-ফা নামৰ পুথিত চকলঙৰ উল্লেখ আছে। বিৱৰণ আহোম বিবাহ পৰম্পৰা তিনিদিন পতা হয়। প্ৰথম দিনা ৰিক খ্ৱন, দ্বিতীয় দিনা চাও বান আৰু তৃতীয় দিনা চকলং অনুষ্ঠিত হয়। আহোম সকলৰ বিবাহ পদ্ধতিটোত ২০টা নিয়ম আছে। ১. জোৰণ আৰু টেকেলি দিয়া. ২. নোৱনী, ৩. প্ৰীতিভোজ, ৪. ৰিক্ খ্বান উৎসৱ, ৫. চাওবান উৎসৱ, ৬. আপতাঙ কৰা বা গা ধোৱা, ৭. গাঁঠিয়ন খুন্দা, ৮. দৈয়ন দিয়া, ৯. বিবাহ যাত্ৰা, ১০. সুৱাগুৰি তোলা, ১১. দৰা ৰভা তলত মণ্ডপৰ সন্মুখত বহা, ১২.ভিতৰৰ পৰা উলিয়াই আনি দৰাৰ বাওঁফালে কইনাক বহুৱা, ১৩. দৰা আৰু কইনাক সাত পুৰুষৰ বুৰঞ্জী কোৱা, ১৪. চকলং আয়োজন, ১৫. কইনাই দৰাৰ হাতত হেংদান প্ৰদান, ১৬. ম-লুঙে দৰা কইনাৰ যুগ্ম জীৱনৰ বাবে দিয়া উপদেশ, ১৭. সোণৰ আঙঠি আৰু ৰূপৰ টেমি কটাৰী সলোৱাৰ নিয়ম, ১৮. পঞ্চ অমৃত ভোজন, ১৯. কড়ি খেলাৰ নিয়ম, ২০. কইনাই দৰাৰ শয়ন কক্ষলৈ প্ৰবেশ কৰাৰ পাছত পাচঁজন দেৱতাক কৰা প্ৰাৰ্থনা। চকলং বিবাহ এক অনা-হিন্দু টাই বিবাহ প্ৰথা। নিয়ম অনুসৰি চকলঙত সেন্দূৰ, ওৰণি, উৰুলী প্ৰয়োগ কৰিব নালাগে। চকলংৰ নীতি নিয়ম সম্পূৰ্ণ বানফি ফুৰালুঙ ধৰ্মৰ অন্তৰ্গত। ৰীতি-নীতি সুৱা গুৰি তোলা এই উৎসৱটি কইনাৰ ঘৰৰ নঙলা মুখত কৰা হয়। দৰা আহি কইনাৰ ঘৰৰ নঙলা মুখত উপস্থিত হোৱাৰ লগে লগে কইনাৰ মাক আৰু লগত ভালে কেইজন পুৰুষ-মহিলাই আদৰিবলৈ আগ বাঢ়ি যায়। লগত কইনাৰ ওচৰৰ পৰা দুলনী ও জ্বলি থকা বান-ফাইলৈ আহে। ভৰি ধুৱাবলৈ পীৰা আৰু পানী এলোটা আনে। এই আগবঢ়াবলৈ অহা তিৰোতা বিলাকে মাকক আঁৰ কাপোৰ দি ধৰি আনে। দৰাৰ ওচৰ পোৱা মাত্ৰই আঁৰ কাপোৰখন এৰুৱাই দিয়ে। কইনাৰ সম্পৰ্কীয় সৰু ছোৱালী এজনীয়ে পীৰা পাৰি দৰাক ভৰি ধুৱায়। দৰাই ছোৱালী জনীক ভৰি ধুওৱাৰ বাবদ পাণ-তামোলৰ টোপোলাৰ লগতে কিছু টকাও দিয়ে। ইয়াৰ পাছত আঁৰ কাপোৰ আঁতৰাই মাকে দৰাৰ দুখন গালত দুটি চুমা খাই চাদৰ আঁচল ধৰি ৰভা তলিলৈ আনে। ৰভাতলিত চকলঙৰ মণ্ডপৰ সন্মুখত বহা চকলংৰ বেদিটো সাতোটা ৰঙেৰে ৰাজকীয় এপাহ পদুম ফুলৰ আকৃতিৰে সাজে। আৰু এই পদুম ফুলৰ আকৃতি সাতোটা ৰঙৰ মৰলত জ্যামিতিক আকাৰত ভাগ কৰি ১০১ গছ তেলৰ বান-ফাই জ্বলায়। সন্মুখতে দৰাক পাতি পাৰি বহুৱায়। দৰাৰ বাওঁফালে কইনাক ভিতৰৰ পৰা আনি বহুৱায়। কইনাক ভিতৰত কোঠাত লগৰীয়াৰ সৈতে বহুৱাই ৰখা হয়। আৰু ইয়াতে কইনাৰ লগৰীয়াই দৰাক আৰু তেওঁৰ সম্পৰ্কীয়ৰপৰা জোৰা নাম গাই শৰাই বিচাৰে। ইয়াৰ পাছতে কইনাক অলংকাৰ পাতি আৰু সুন্দৰ কাপোৰ পিন্ধাই চকলঙৰ গুৰিলৈ নিবলৈ সাজু কৰে। অৱশ্যে কইনাক উলিয়াই নিবলৈ দৰাঘৰীয়া মানুহে পাণ-তামোলৰ শৰাই আগ বঢ়ালেহে কইনাৰ সমলীয়াই কইনাক চকলঙৰ গুৰিলৈ নিয়ে। কইনাক আনোঁতেও আঁৰ কাপোৰ দি আনে। চকলঙৰ গুৰিৰ পাতিত বহুৱাৰ সময়ত আঁৰ কাপোৰ আঁতৰাই দৰাৰ বাওঁফালে বহুৱায়। ৰভাতলিত কইনাৰ মাক বাপেক আৰু বয়সস্থ সকলক শৰাইত কাপোৰ কাণি দি পাণ-তামোলৰ মান ধৰে। কইনাৰ বাওঁফালে কইনাৰ বাপেক বহে আৰু তেওঁ সন্মুখত ম-লুংজন বহে। দৰা আৰু কইনাৰ আগত সাত পুৰুষৰ বুৰঞ্জী বৰ্ণনা কৰা:- বিশেষকৈ টাই আহোম চকলং বিবাহ পদ্ধতিত দৰা-কইনাক সাত পুৰুষৰ কৰ্মাৱলীৰ বৰ্ণনা কৰে। আৰু এখন পিতলৰ কাঁহীত চিংকৰা ফুল তংলতী পাত, তিল আৰু এখন ঘিঁউ বান-ফাই দৰা-কইনাৰ সন্মুখত ৰাখে। চকলং উৎসৱ চকলং উৎসৱত দৰা আৰু কইনাৰ আগত চাউল ফুল ইত্যাদি ৰাখি প্ৰাৰ্থনা কৰে। অ’ফ্ৰা বান চকলং চি চিম হিউ তিম। ইয়াৰ পাছতে কইনাৰ দেউতাকে দৰাক সোণৰ আঙুঠি নাইবা কাপোৰ উপহাৰ দিয়ে। ইয়াৰ পাছতে দৰা বুঢ়া আঙুলি আৰু কইনাৰ বুঢ়া আঙুলিলৈ জনমিং দিয়ে। ম-লুঙে দৰাৰ আৰু কইনা দুয়োকে মন্ত্ৰ পাঠ কৰি কাৰ্য সম্পাদনা কৰে। চিংকৰা আৰু অন্যান্য ফুলেৰে এশ এপাহ ফুলৰ মালা দৰাই কন্যাক আৰু কন্যাই দৰাক পিন্ধাই। হেংদান প্ৰদান কইনাই দৰাক ফুল ঠুৰীয়া তামোল আদিৰ লগতে হেংদানো অৰ্পণ কৰে। দৰাই এই হেংদান দেশ, ধৰ্ম জাতিৰ ৰক্ষাৰ্থে আৰু দুষ্টক দমনৰ অৰ্থে গ্ৰহণ কৰে। মলুঙে দৰা কইনাক দিয়া জনমিং এই জনমিং টাই ভাষাত ম’লুং বা খাদাম লাও বুলি কোৱা হয়। দৰা আৰু কইনাৰ যুগ্ম জীৱনৰ উপলক্ষে এই জনমিং দিয়া হয়। ইয়াৰ অৰ্থ এজনৰ অবিহনে আন জনে কেতিযাও কোনো কামতে সিদ্ধি লাভ কৰিব নোৱাৰে। আৰু ইয়াৰ কাৰণে উভয়ে পৰস্পৰ বুজাবুজি থকা প্ৰয়োজন। এইদৰে মুলুঙে দৰা কইনাক নানা উপদেশ দিয়াৰ পাছত মলুঙৰ কাৰ্য সমাপ্ত কৰে। আঙঠি আৰু কটাৰী সলোৱা নিয়ম চকলং কাৰ্য সমাপ্ত হোৱাৰ পাছত দৰা কইনাক ৰভাতলিৰ পৰা ভিতৰলৈ নিয়া হয়। ভিতৰত দুয়োকে পাটী পাৰি দুলনী চাউলত আঙঠি লুকুৱাই বিচাৰিবলৈ দিয়া হয়। এই কাৰ্যত নানা ধেমেলীয়া কথা কৈ দৰা কইনাক লৈ লগৰীয়া ছোৱালীয়ে ৰং ধেমালি কৰে। পঞ্চামৃত ভোজন তাৰ পাছত কইনাই নিজৰ সন্মুখত থকা মাইহাঙৰ পৰা আখৈ পিঠা পৰমান্ন পঞ্চামৃত অলপ অলপকৈ হাতেৰে দৰাৰ মুখত তিনিবাৰকৈ দিয়ে। প্ৰতেক বাৰতেই দৰাক লোটাৰ পাণীৰে মুখ ধুৱায় দাঁত খৰকিয়াব দিয়ে আৰু একোখন কৈ ঠুৰীয়া তামোল খুৱায়। দৰায়ো কইনাক সেইদৰে পঞ্চামৃত খুৱায় মুখ ধুৱায়, খৰিকা দি আৰু ঠুৰীয়া তামোল খুৱায়। নৈবদ্য ইয়াৰ পাছত দৰা কইনাই দৰা কইনাক মাক দেউতাকক আঁঠু লৈ খ্ৰুপ-তাং কৰি দৰাৰ ঘৰলৈ যাত্ৰা কৰে। দৰাৰ ঘৰলৈ পোৱাৰ মাত্ৰেই দৰা-কইনাক দৰাৰ শোৱাৰ কোঠালৈ লৈ যায়। লাংকুৰি, লাৰেং জান চাই হুং, লেংদন আৰু জাচিংফা, এই পঞ্চ দেৱতাক এখন শৰাইত পাণ তামোল আৰু এগছি বান-ফাইৰে শান্তিৰ জীৱন যাপনৰ কাৰণে প্ৰাৰ্থনা কৰে। লগতে চাওক আহোম ৰাজবংশ আহোম সাম্ৰাজ্য তথ্যসূত্ৰ উৎস প্ৰসংগ অসমৰ সংস্কৃতি বিবাহ আহোম ৰাজ্য টাই
79513
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%80%E0%A6%A4%E0%A6%BF%E0%A6%A4%20%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%B2%E0%A6%BE
ৰাজনীতিত মহিলা
বহুতো দেশত, চৰকাৰ আৰু বিভিন্ন প্ৰতিষ্ঠানত মহিলাসকলক কম প্ৰতিনিধিত্ব কৰা দেখা যায়। এই প্ৰৱণতা ঐতিহাসিক কালৰ পৰা এতিয়াও অব্যাহত আছে যদিও বহুখিনি হ্ৰাস পাইছে। মহিলাসকল ক্ৰমান্বয়ে ৰাষ্ট্ৰীয় আৰু চৰকাৰৰ বহুতো মুৰব্বী পদত নিৰ্বাচিত হোৱা দেখা গৈছে। অক্টোবৰ ২০১৯ লৈকে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংসদত মহিলাৰ বিশ্বব্যাপী অংশগ্ৰহণৰ হাৰ হৈছে ২৪.৫%। ২০১৩ চনত সকলো ৰাষ্ট্ৰীয় নেতাৰ ৮% আৰু ৰাষ্ট্ৰপতিপদৰ সকলো পদৰ ২% মহিলা আছিল। তদুপৰি, মহিলাই প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰা বেছিকৈ দেখা গৈছে যোৱা দুটা দশকৰ ভিতৰত। মহিলাসকলে ৰাজনৈতিক জীৱনত অংশগ্ৰহণ কৰাৰ আৰু ৰাজনৈতিক নেতা হোৱাৰ প্ৰক্ৰিয়াত বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হয়। বিশ্বৰ কেইবাখনো দেশে স্থানীয়ৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ সকলো স্তৰত চৰকাৰত মহিলাৰ অংশগ্ৰহণ কিদৰে বৃদ্ধি কৰিব পাৰি তাৰ প্ৰচেষ্টা চলাই আহিছে। অৱশ্যে, বৰ্তমান সময়ত অধিকসংখ্যক মহিলাই নেতৃত্বৰ পদবী অনুসৰণ কৰি আছে। বিশ্বজুৰি ৰাষ্ট্ৰসমূহে আন্তৰ্জাতিক মহিলা দিৱস উদযাপন কৰাৰ লগে লগে, মহিলা নেত্ৰী থকা দেশৰ সংখ্যা বিস্তাৰিত ব ধৰিছে। কিন্তু তালিকাখন এতিয়াও তুলনামূলকভাৱে সৰু, আৰু আনকি যেতিয়া মহিলাসকলে ক্ষমতাত স্থান লাভ কৰিছেও, তেওঁলোকে দীৰ্ঘদিন ধৰি কেতিয়াবাহে নেতৃত্ব দিব পাৰিছে। ২০১৪ আৰু ২০১৬ চনত বিশ্ব অৰ্থনৈতিক মঞ্চৰ দ্বাৰা অধ্যয়ন কৰা ১৪৬খন ৰাষ্ট্ৰৰ (৩৮%) ভিতৰত ৫৬খন দেশত যোৱা অৰ্ধ-শতিকাত কমেও এবছৰৰ বাবে চৰকাৰ বা ৰাজ্যৰ এগৰাকী মহিলা মুৰব্বী আছিল। ইয়াৰে ৩১খন দেশত, মহিলাসকলে পাঁচ বছৰ বা তাতকৈ কম সময়ৰ বাবে নেতৃত্ব দিছে; ১০খন দেশত তেওঁলোকে মাত্ৰ এবছৰৰ বাবে নেতৃত্ব দিছে। দেশসমূহৰ বিশ্ব অৰ্থনৈতিক মঞ্চৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা মাৰ্শ্বেল দ্বীপপুঞ্জতো এবছৰধৰি এগৰাকী মহিলা নেত্ৰী দিছিল। পিউ ৰিচাৰ্চ চেণ্টাৰৰ এক পৃথক বিশ্লেষণ অনুসৰি কমেও ১৩খন অতিৰিক্ত দেশত মহিলা নেত্ৰী আছে যি এবছৰতকৈ কম সময় কাৰ্যভাৰ গ্ৰহণ কৰিছিল। এই দেশবোৰৰ ভিতৰত ইকুৱেডৰ আৰু মাদাগাস্কাৰত মুঠ দুদিনৰ বাবে মহিলা নেতৃবৃন্দ আছিল। দক্ষিণ আফ্ৰিকাত এগৰাকী মহিলা ১৪ ঘণ্টাৰ বাবে ৰাষ্ট্ৰপতি আছিল, কিন্তু তেওঁ আগতে অলপ সময়ৰ বাবে কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল; তিনিওখন দেশতে, মহিলা নেত্ৰীসকলক পুৰুষৰ দ্বাৰা প্ৰতিষ্ঠাপিত কৰা হৈছিল। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী সমগ্ৰ বিশ্বত মহিলা নেত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে যদিও এই প্ৰতিনিধিত্ব সংখ্যাত তাকৰ। চৰকাৰৰ কাৰ্যবাহী পৰ্যায়ত, মহিলাসকল ৰাষ্ট্ৰপতি হোৱাতকৈ অধিক সঘনাই প্ৰধানমন্ত্ৰী হয়। ক্ষমতালৈ অহা এই পথসমূহৰ পাৰ্থক্যৰ এটা কাৰণ হ'ল যে প্ৰধানমন্ত্ৰীসকলক ৰাজনৈতিক দলৰ সদস্যসকলে নিজে নিৰ্বাচিত কৰে আনহাতে ৰাষ্ট্ৰপতিসকল ৰাইজে নিৰ্বাচিত কৰে। ২০১৩ চনত, সকলো ৰাষ্ট্ৰীয় নেতাৰ 8 শতাংশ আৰু সকলো ৰাষ্ট্ৰপতি পদৰ ২ শতাংশ এতিয়ালৈকে মহিলা। তদুপৰি, যোৱা দুটা দশকত সকলো মহিলা প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ ৭৫ শতাংশই কাৰ্যভাৰ গ্ৰহণ কৰিছে। ১৯৬০ চনৰ পৰা ২০১৫ চনলৈ ৭০খন দেশত ১০৮ গৰাকী মহিলা ৰাষ্ট্ৰীয় নেতা হৈ পৰিছে, ৰাষ্ট্ৰপতিতকৈ অধিক প্ৰধানমন্ত্ৰী হৈছে। স্বতন্ত্ৰ মহিলা বিষয়াসকলৰ সাধাৰণতে উচ্চ স্তৰৰ শিক্ষা থাকে আৰু ৰাজনৈতিকভাৱে বিশিষ্ট বা উচ্চ-শ্ৰেণীৰ পৰিয়ালৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থাকা দেখা যায়। এখন দেশত মহিলাৰ সাধাৰণ স্থিতিয়ে এগৰাকী মহিলাই কাৰ্যবাহী পদত উপনীত হ'ব নে নাই সেয় নিৰ্ণয় নকৰে। বৰঞ্চ দেখা গৈছে যে যিবোৰ দেশত মহিলাৰ সামাজিক স্থিতি পুৰুষৰ তুলনাত পিছ পৰি আছে, সেই দেশবোৰতহে মহিলা কাৰ্যবাহীসকলে নিয়মীয়াকৈ ক্ষমতালৈ আহিছে। মহিলাসকলে দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰী হ'বলৈ অধিক উন্নত দেশত সংগ্ৰাম কৰি আহিছে। ইজৰাইলত ১৯৬৯ চনত প্ৰথম মহিলা প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছিল কিন্তু পুনৰ কেতিয়াও এনে হোৱা নাছিল। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰত কোনো মহিলা ৰাষ্ট্ৰপতি এতিয়ালৈ হোৱা নাই। ২০২১ চনত ইষ্টোনিয়া প্ৰথম খন দেশ হিচাপে পৰিগণিত হয় য'ত এগৰাকী মহিলা নিৰ্বাচিত ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰৰ মুৰব্বী নিৰ্বাচিত হয়। (প্ৰত্যক্ষভাৱে নিৰ্বাচিত হোৱাৰ ক্ষেত্ৰত, প্ৰথম দেশ য'ত এগৰাকী নিৰ্বাচিত মহিলা ৰাষ্ট্ৰপ্ৰধান আৰু নিৰ্বাচিত মহিলা মুৰব্বী দুয়োগৰাকী হৈছে মলডোভা, ২০২১ চনত)। ৰাষ্ট্ৰীয় সংসদসমূহ সমগ্ৰ বিশ্বৰ ৰাষ্ট্ৰীয় সংসদত মহিলাৰ অনুপাত বাঢ়ি আহিছে, কিন্তু তেওঁলোকৰ এতিয়াও প্ৰতিনিধিত্ব কম হৈ আছে। ১ এপ্ৰিল, ২০১৯ লৈকে ৰাষ্ট্ৰীয় বিধানসভাসমূহত মহিলাৰ বিশ্বব্যাপী গড় হৈছে ২৪.৩ শতাংশ। একে সময়তে, দেশবোৰৰ মাজত বৃহৎ পাৰ্থক্য বিদ্যমান। উদাহৰণ স্বৰূপে ৰৱাণ্ডা, কিউবা আৰু বলিভিয়াৰ দৰে দেশত য'ত মহিলাৰ প্ৰতিনিধিত্বৰ হাৰ সৰ্বাধিক, তাৰ তুলনাত শ্ৰীলংকাৰ সংসদত মহিলাৰ অংশগ্ৰহণৰ হাৰ যথেষ্ট কম। ২০১৯ চনৰ শীৰ্ষ দহখন দেশৰ ভিতৰত তিনিখন লেটিন আমেৰিকা (বলিভিয়া, কিউবা আৰু মেক্সিকো)ত আছিল, আৰু আমেৰিকানসকলে যোৱা ২০ বছৰত সৰ্বাধিক মুঠ পৰিৱৰ্তন দেখিছে। নিম্ন বা একক সদনত মহিলাৰ শতাংশ অৱৰোহী ক্ৰমত তালিকাভুক্ত কৰি ১৯২খন দেশৰ ভিতৰত, ৰাষ্ট্ৰীয় সংসদত মহিলাৰ সৰ্বাধিক প্ৰতিনিধিত্ব থকা শীৰ্ষ ২০খন দেশ তলত দেখোওৱা হৈছে (1 জানুৱাৰী, ২০২০ তাৰিখলৈকে তথ্য প্ৰতিফলিত কৰা পৰিসংখ্যা): মন কৰিব যে আন্তৰ্জাতিক আই.ডি.ই.এ., ষ্টকহম বিশ্ববিদ্যালয় আৰু আন্তঃ-সংসদীয় ইউনিয়নৰ পৰা ফেব্ৰুৱাৰী 2014 লৈকে নতুন পৰিসংখ্যা উপলব্ধ। যদিও ৮৬% দেশে তেওঁলোকৰ ৰাষ্ট্ৰীয় আইনসভাত কমেও ১০% মহিলাৰ সংখ্যাৰ ওচৰ পাইছে, বহু কমেই ২০% আৰু ৩০% ৰেখা অতিক্ৰম কৰিছে। জুলাই ২০১৯ লৈকে, মাত্ৰ ২৩% সাৰ্বভৌম ৰাষ্ট্ৰৰ সংসদত ৩০% ৰো অধিক মহিলা আছিল। মুখ্যত ইংৰাজী ভাষী গণতান্ত্ৰিক দেশবোৰ শীৰ্ষ ৪০% স্থানত আছে। নিউজিলেণ্ডে সংসদৰ ৪৮.৩% মহিলাৰ সৈতে ৫ নম্বৰত আছে। যুক্তৰাজ্যত (নিম্ন সদনত ৩২.০%, উচ্চ সদনত ২৬.৪%) ৩৯ নম্বৰত আছে, আনহাতে অষ্ট্ৰেলিয়া (নিম্ন সদনত ৩০.৫%, উচ্চ সদনত ৪৮.৭%) ১৮৯ খন দেশৰ ভিতৰত ৪৭ নম্বৰত আছে। কানাডা ৬০ (২৯.৬% নিম্ন সদন, ৪৬.৭% উচ্চ সদন) স্থানত আছে, আনহাতে আমেৰিকা যুক্তৰাজ্য ৭৮ (নিম্ন সদনত ২৩.৬%, উচ্চ সদনত ২৫.০%) স্থানত আছে। ৰাষ্ট্ৰীয় সংসদৰ এই সকলোবোৰ নিম্ন আৰু/বা উচ্চ সদন পোনপটীয়াকৈ নিৰ্বাচিত নহয়; উদাহৰণ স্বৰূপে, কানাডাত, উচ্চ সদনৰ (চিনেট) সদস্যসকলক নিযুক্তি দিয়া হয়।
78732
https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A6%BE%E0%A6%87%E0%A6%A4%E0%A7%8B
লাইতো
লাইতো বা লাওফলা আহোমসকলৰ সৃষ্টি পুনৰনিৰ্মাণ তত্ত্বৰ লোক আখ্যান। এই কাহিনীটো আহোমসকলৰ পৌৰাণিক পুথিসমূহত লাইতো বুলি নামকৰণ কৰা হৈছে। পৰৱৰ্তী কালত ৰায় চাহিব গোলাপ চন্দ্ৰ বৰুৱাই দেওধাই পণ্ডিতসকলৰ সহায়ত অনুবাদ কৰি লাইতো বা লাওফলা নামেৰে ১৯০১ চনত ডিব্ৰুগড়ৰ পৰা প্ৰকাশ কৰি উলিয়াইছিল। লাইতোত প্ৰলয় বানৰ অন্তত এটা লাওৰ পৰা জগতৰ পুনৰ সৃষ্টি হোৱাৰ কথা বৰ্ণনা কৰা হৈছে। বেবিলনীয়ান, গ্ৰীক, ভাৰতীয় আদি সভ্যতাৰ লগতে বাইবেলৰ প্ৰলয় বানৰ কাহিনীৰ সৈতে ইয়াৰ কিছু পৰিমাণে সাদৃশ্য থকা দেখা যায়। গোলাপ চন্দ্ৰ বৰুৱাৰ অনুবাদত কাহিনীটোৰ চৰিত্ৰ আদিৰ নামকৰণ হিন্দু কিংবদন্তি অনুসৰি কৰা হৈছে। হিতেশ্বৰ বৰবৰুৱাৰ আহোমৰ দিন গ্ৰন্থতো চৰিত্ৰসমূহৰ নামৰ কাষত বন্ধনীৰ ভিতৰত হিন্দু আখ্যানসমূহৰ চৰিত্ৰৰ নাম দিয়া হৈছে। আখ্যান আখ্যান অনুসৰি কলি যুগৰ অন্তত সমস্ত পৃথিৱী অসংখ্য দেশত বিভক্ত হৈ পৰে আৰু জনগণক শাসন কৰাৰ নিমিত্তে কোনো ৰজা নাথাকে। ফলত মানুহবোৰ স্বৈৰাচাৰী তথা অত্যাচাৰী হৈ পৰে। তেওঁলোক পাপীত পৰিণত হয় আৰু ভগৱানৰ সেৱা-পূজা পৰিত্যাগ কৰে। তেনে সময়তে মুঙ-ক্লেঙত (মধ্যদেশ) খুন-ফি আৰু পুক-ফি নামৰ দুটা দৈত্যৰ আৱিৰ্ভাৱ হয়। তেওঁলোকক দেখি মানুহবোৰে চৌদিশে পলাবলৈ ধৰে যদিও দুই দৈত্যই সুৰক্ষাৰ প্ৰতিশ্ৰুতি দি তেওঁলোকক ঘূৰাই আনে। খুন-ফি ৰজা হয় আৰু পুক-ফিক যুৱৰাজ হিচাপে অভিষিক্ত কৰা হয়। ইয়াৰ ফলত শান্তি আৰু সুশাসন ঘূৰি আহে যদিও দেৱতাৰ পূজা-সেৱা সম্পূৰ্ণৰূপে এলাগী হৈ পৰে। ইয়াতেই ক্ষুণ্ণ হৈ স্বৰ্গাধিপতি লেংদনে পক্ষীৰাজ বৃহদাকায় নিউফাফাক পৃথিৱীৰ মানুহক ভক্ষণ কৰিবলৈ প্ৰেৰণ কৰে। কিন্তু নিউফাফাই ইমানবোৰ মানুহক ভক্ষণ কৰাত ব্যৰ্থ হৈ লেংদনৰ কাষলৈ ঘূৰি যায়। এইবাৰ লেংদনে এটা ভয়ংকৰ সিংহক প্ৰেৰণ কৰে যদিও নিউফাফাৰ দৰে তাৰো একে অৱস্থা হয়। ইয়াৰ পিছত লেংদনে বহুসংখ্যক সৰ্প প্ৰেৰণ কৰে যদিও মানুহবোৰে জুইত পুৰি বহু সাপ হত্যা কৰে। পূৰ্বৰ আটাইবোৰ প্ৰচেষ্টা ব্যৰ্থ হোৱাত ক্ষুদ্ধ লেংদনে সূৰ্যৰ অধিপতি চাওবানক ৰ’দৰ তাপত পৃথিৱীৰ জলভাগ শুকুৱাই পেলাবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ ফলত গছ-বন জ্বলি যায় আৰু জলচৰ প্ৰাণীসমূহৰ লগতে বহুতো লোকৰ মৃত্যু হয়। তথাপিও মানুহবোৰে দেৱতাসকলক পূজা দিয়াৰ পৰা বিৰত থাকে। তেতিয়া লেংদনে অন্যান্য দেৱ-দেৱী যেনে চেং-কাই-ফাথেন্-খামন্, থেন্-লুং-আই-চেন্-কিউ, লাউ-খ্ৰী, টাই-লাং, বাক-লাং, চাওফাফুন, জাচিংফা আদিৰে মন্ত্ৰণা কৰি মহাপ্ৰলয়ৰ যোগেদি মানৱ জাতিক নাশ কৰিবলৈ থিৰাং কৰে। জাচিংফাৰ পৰামৰ্শ অনুযায়ী লেংদনে আই-খাং-খাক নামৰ এজন ঋষিক মতাই আনি থাও-লিপ্-লিঙ্গক (দেৱৰ্ষি) তেওঁৰ ফুটুকী গৰুজনী লগত লৈ মহাপ্ৰলয়ৰ পিছত সৃষ্টিৰ পুনৰনিৰ্মাণৰ হেতুকে নাও এখন সাজি প্ৰলয়ৰ দিনা উঠি থাকিবলৈ কোৱালে। নিৰ্দিষ্ট দিনাখন লেংদনে জলাধিপতি চাও-ফুনক সমগ্ৰ পৃথিৱীক জলমগ্ন কৰিবলৈ আদেশ দিলে। চাও-ফুনে সেইমতে কৰাত পৃথিৱী বানত ডুব গ’ল আৰু ফুটুকী গৰুজনী লৈ থাও-লিপ্-লিঙ্গ মাত্ৰ বাচি থাকিল। তেনে সময়তে থাও-লিপ্-লিঙ্গ দুৰ্বিপাকত মোহ গৈ গৰুজনী ৰমণ কৰিলে আৰু তেওঁৰ বীৰ্য গাইজনীৰ গৰ্ভত স্থাপিত হ’ল। প্ৰলয়ৰ পিছত লেংদনে শোষক অস্ত্ৰৰে বান শুকুৱাই পেলালে যদিও গলিত মৰাশৰ গোন্ধত কেউফালে দেৱতাসকল থাকিব নোৱাৰা হ’ল। এইসমূহ ভক্ষণ কৰিবলৈ লেংদনে কুৰি লাখকৈ সাপ আৰু সিংহ পঠিয়ালে যদিও ইহঁতে তাক খাই শেষ কৰাত ব্যৰ্থ হ’ল। তেতিয়া অগ্নিৰ অধিপতি চাওফাফাইয়ে ভয়ংকৰ ৰূপ লৈ মৰাশবোৰ দাহন কৰি নিলে। তেওঁৰ প্ৰলয়ংকৰী ৰূপ দেখি ভয় খাই থাও-লিপ্-লিঙ্গে ফুটুকী গাইজনী মাৰি পেট ফালি আই-খাং-খাকৰ সৈতে তাত সোমাই থাকিল। গাইজনীৰ পেটতে দুয়ো এটা লাওৰ গুটি পালে। আই-খাং-খাকে এই গুটিটো পঁচাই থ’বলৈ পৰামৰ্শ দিলে। কিছুদিনৰ পিছত গছ গজি ই গোটেই পৰ্বতৰ টিং জুৰি পেলালে আৰু ইয়াত এটা মাত্ৰ বিৰাটাকায় লাও লাগিল। পৰৱৰ্তী সময়ত লেংদনে পুত্ৰ আই-ফা-লানক বজ্ৰ মাৰি লাওটো ফালিবলৈ নিৰ্দেশ দিয়ে কিয়নো তাৰপৰাহে নতুন সৃষ্টি সম্ভৱ হ’ব। কিন্তু যেনিয়েই আই-ফালা-নে বজ্ৰ প্ৰহাৰ কৰিবলৈ লয় তেনিয়েই লাওটোৰ ভিতৰৰ পৰা কাকূতি-মিনতি ভাঁহি আহে। দোধোৰ-মোধোৰত পৰা আই-ফা-লানক আশ্বাস দি দেৱদূত চাও-লা-পাও লাওটোৰ ওপৰত বহে আৰু তেওঁৰ ওপৰতে বজ্ৰ প্ৰহাৰ কৰিবলৈ কয়। আই-ফা-লানে সেইমতে কৰাত লাওটো খণ্ডিত হৈ টাইসকলকে ধৰি জাকে জাকে বিভিন্ন জনগোষ্ঠীৰ মানুহ আৰু বিবিধ জীৱ-জন্তু ওলাই আহে। আনহাতে চাও-লা-পাওৰ শৰীৰ চূৰ্ণীকৃত হয় আৰু তেওঁৰ আত্মাই গৈ দেৱতাসকলৰ সংগ লয়। তেওঁৰ বুকুৰ পৰা এক অশুভ আত্মা ওলাই আহি এজোপা বাঁহত বসতি লয়। তেওঁৰ চকুহালৰ পৰা চন্দ্ৰ-সূৰ্যৰ উদ্ভৱ হোৱাৰ লগতে চকুৰ পটাৰ পৰা মৌজোল, নাকৰ পৰা সোণ আৰু ৰূপ আৰু দেহৰ অন্য অংশৰ পৰা ভূত-প্ৰেতৰ উৎপত্তি হয়। তথ্য সংগ্ৰহ
75837
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BE%E0%A6%A4%E0%A7%83
মাতৃ
এগৰাকী মাতৃ হৈছে এগৰাকী মহিলা অভিভাৱক। মাতৃসকল হৈছে এনে একোগৰাকী মহিলা যি তেওঁলোকৰ সন্তানৰ সৈতে এক সম্পৰ্ক বহনৰ ভূমিকা পালন কৰে। এই সন্তান তেওঁলোকৰ জৈৱিক সন্তান হ'বও পাৰে বা নহ'বও পাৰে। সেয়েহে, প্ৰসংগৰ ওপৰত নিৰ্ভৰশীল, মহিলাসকলক সন্তান জন্ম দিয়াৰ দ্বাৰা, তেওঁলোকৰ সন্তানক ডাঙৰ-দীঘল কৰি, নিষিক্তকৰণৰ বাবে তেওঁলোকৰ ডিম্বাশয় যোগান ধৰি, বা এই সমূহ পদ্ধতিৰ কিছু মিশ্ৰণৰ দ্বাৰা মাতৃ বুলি গণ্য কৰা হয়। তৃতীয় আৰু প্ৰথম শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা মহিলাসকল সাধাৰণতে 'জন্মদাত্ৰী মাতৃ' বা 'জৈৱিক মাতৃ' অভিধাৰ অধীনত পৰে। সেই অনুসৰি, সন্তানৰ কেৱল লালন-পালন কৰা এগৰাকী মহিলাক এগৰাকী দত্তক মাতৃ বুলি গণ্য কৰা হ'ব পাৰে, আৰু যিসকলে ডিম্বাশয় যোগানৰ দ্বাৰা সন্তান জন্ম দিয়ে তেনে এগৰাকী মাতৃক ছাৰোগেচী মাতৃ বুলি গণ্য কৰা হয়। জন্মদাত্ৰী মাক মানুহৰ বাবে জৈৱিক মাতৃত্ব, আন স্তন্যপায়ী প্ৰাণীৰ দৰে। এই পৰিপ্ৰেক্ষিতত এগৰাকী মাতৃয়ে গৰ্ভত নিষিক্ত ডিম্ব এটি ধাৰণ কৰে আৰু সম্পূৰ্ণ বিকাশৰ অন্তত জন্ম দিয়ে। এগৰাকী মহিলা ঋতুমতী হোৱাৰ পিছত যৌন সম্ভোগৰ জৰিয়তে গৰ্ভৱতী হ'ব পাৰে। ভালদৰে পুষ্ট ছোৱালীৰ ক্ষেত্ৰত প্ৰথম ঋতুস্ৰাৱ সাধাৰণতে ১২ বা ১৩ বছৰ বয়সৰ আশে পাশে আৰম্ভ হয়। সাধাৰণতে, ফিতাচ এটা সক্ষম জাইগোটৰ পৰা বিকশিত হয়, যাৰ ফলত ভ্ৰূণৰ সৃষ্টি হয়। গৰ্ভধাৰণ প্ৰক্ৰিয়া মহিলাৰ জৰায়ুত আৰম্ভ হয়। মানুহৰ ক্ষেত্ৰত, গৰ্ভধাৰণৰ ম্যাদ প্ৰায় ৯ মাহৰ কাল। সাধাৰণতে এই সম্পূৰ্ণ সময়ৰ পিছতেই মহিলাগৰাকীয়ে প্ৰসৱ অনুভৱ কৰে আৰু সন্তান জন্ম দিয়ে। অৱশ্যে কিছুমান কেঁচুৱা অকালতে বা পলমকৈ জন্ম হয়। মৃত সন্তান জন্মৰ ক্ষেত্ৰটো সময়ৰ তাৰতম্য দেখা যায়। সাধাৰণতে, কেঁচুৱাটো জন্ম হোৱাৰ পিছত, মাতৃ গৰাকীয়ে স্তনত উৎপাদিত গাখীৰ স্তন্যপান প্ৰক্ৰিয়াৰ জৰিয়তে নৱজাতকক পান কৰায়। মাতৃদুগ্ধ হৈছে কেঁচুৱাৰ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ বাবে এণ্টিবডীৰ উৎস, আৰু সাধাৰণতে নৱজাতকসকলে আন খাদ্য খোৱা আৰু হজম কৰিবলৈ সক্ষম হোৱাৰ আগতে পুষ্টিৰ একমাত্ৰ উৎস; ডাঙৰ কেঁচুৱা আৰু শিশুৰ ক্ষেত্ৰটো আনখাদ্যৰ সমান্তৰালকৈ স্তন্যপান অব্যাহত ৰাখিব পাৰে, এই প্ৰক্ৰিয়াটো সাধাৰণতে ছয় মাহ বয়সৰ পৰা প্ৰৱৰ্তন কৰিব লাগে। সন্তানহীনতা হৈছে সন্তান নোহোৱাৰ স্থিতি। সন্তানহীনতাৰ ব্যক্তিগত, সামাজিক বা ৰাজনৈতিক গুৰুত্ব থাকিব পাৰে। সন্তানহীনতা স্বেচ্ছামূলকো হ'ব পাৰে, যি ব্যক্তিৰ পছন্দৰ ওপৰত নিৰ্ভৰশীল। এই স্থিতি স্বাস্থ্যসমস্যা বা সামাজিক পৰিস্থিতিৰ বাবে অনিচ্ছাকৃত হ'ব পাৰে। মাতৃত্ব সাধাৰণতে স্বেচ্ছামূলক হ'লেও ই বলপূৰ্বক গৰ্ভধাৰণৰ ফলাফলো হ'ব পাৰে, যেনে ধৰ্ষণৰ ফলশ্ৰুতিত হোৱা গৰ্ভধাৰণ। অবাঞ্ছিত মাতৃত্ব বিশেষকৈ বলপূৰ্বক বিবাহ আৰু বাল্য বিবাহৰ অনুশীলনৰ ফলত হয়। অ-জৈৱিক মাতৃ জৈৱিক পিতৃ-মাতৃৰ বাহিৰেও আন এগৰাকী মহিলাই মাতৃত্বৰ দাবী তুলিব পাৰে, বিশেষকৈ যদিহে তেওঁ সন্তানক ডাঙৰ-দীঘল কৰাত মুখ্য সামাজিক ভূমিকা পালন কৰে। এয়া সাধাৰণতে এগৰাকী দত্তক মাতৃ বা মাহীমাক (শিশুৰ দেউতাকৰ জৈৱিকভাৱে সম্পৰ্কিত আন সঙ্গী)। শিশুৰ প্ৰাথমিক মাতৃৰ উপৰিও জৈৱিকভাৱে নিজ সন্তান নথকা মহিলা এগৰাকীয়ে বা নিজ সন্তান থকাৰ পিছতো আন শিশুৰ বিকাশত যত্ন প্ৰদান কৰা বা লালন-পালন কৰা মহিলা এগৰাকীৰ ক্ষেত্ৰত "আন মাতৃ" শব্দটো কিছুমান প্ৰসংগত ব্যৱহাৰ কৰা হয়। বিভিন্ন ৰূপত সন্তান তুলি লোৱা ব্যৱস্থাটোৰ প্ৰচলন সম্পৰ্কীয় ঐতিহাসিক প্ৰমাণ আছে। আনকি মানৱ সভ্যতাৰ পূৰ্বেও এই ব্যৱস্থাৰ প্ৰচলন থকাৰ অনুমান কৰা হয়। বিংশ শতিকাত উদ্ভৱ হোৱা আধুনিক গ্ৰহণ প্ৰণালীবোৰ ব্যাপক আইন আৰু নিয়মৰ দ্বাৰা পৰিচালিত। আইনী দৃষ্টিকোণৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত সন্তান তুলিলোৱা ব্যৱস্থাটো তুলনামূলকভাৱে সহজ (অন্যান্য পশ্চিমীয়া দেশৰ তুলনাত)। ২০০১ চনত ১,২৭,০০০ তকৈও দত্তক গ্ৰহণেৰে আমেৰিকাৰ পৰিসংখ্যা বিশ্বব্যাপী মুঠ দত্তক গ্ৰহণৰ প্ৰায় আধা আছিল। ছাৰোগেছি হৈছে এক আইনী চুক্তিৰ দ্বাৰা সমৰ্থিত ব্যৱস্থা যাৰ দ্বাৰা এগৰাকী মহিলাই (ছাৰোগেট মাতৃ) নিজৰ গৰ্ভত আন এটা দম্পতীৰ হৈ এটা সন্তান বহন আৰু প্ৰসৱ কৰিব পাৰে। দুই প্ৰকাৰৰ ছাৰোগেছি আছে: আংশিক (জেনেটিক), আৰু সম্পূৰ্ণ (গৰ্ভধাৰণ)। আংশিক ছাৰোগেছিত চাৰোগেট মাতৃৰ বংশানু শিশুটোৰ গাত থাকে, কিয়নো গৰ্ভধাৰণ সাধাৰণতে পিতৃৰ শুক্ৰাণু আৰু ছাৰোগেট মাতৃৰ ডিম্বাণু সংযোগ কৰি কৃত্ৰিমভাৱে গৰ্ভধাৰণ ঘটোৱা হয়। সম্পূৰ্ণ ছাৰোগেছিত, শিশুটোৰ মূল অভিভাৱক এহাল পৃথক দম্পতী আৰু আইভিএফ প্ৰজনন কৌশলৰ জৰিয়তে ছাৰোগেট মাতৃৰ গৰ্ভত কৃত্ৰিমভাৱে দম্পতীহালৰ শুক্ৰাণু আৰু ডিম্বাণুৰ সংযোগ ঘটোৱা হয়। সমকামী সম্পৰ্কত মাতৃত্ব সমকামী সম্পৰ্কত সমকামী আৰু উভকামী মহিলাৰ (বা সঙ্গী বিহীন মহিলা) মাতৃ হোৱাৰ সম্ভাৱনা শেহতীয়াকৈ প্ৰযুক্তিগত বিকাশৰ ফলত বৃদ্ধি পাইছে। আধুনিক লেচবিয়ান অভিভাৱকত্বৰ বিষয়টো বিষমকামী সম্পৰ্কত থকা মহিলাসকলৰ দ্বাৰাই উদ্ভৱ হৈছিল যি পিছলৈ নিজকে সমকামী বা উভকামী বুলি আবিষ্কাৰ কৰিছিল। পৰিৱৰ্তনশীল সামাজিক মনোভাৱে অ-বিষমকামী সম্পৰ্কক অধিক গ্ৰহণযোগ্যতা প্ৰদান কৰিছে। এনে মহিলাসকলৰ মাতৃ হোৱাৰ আন এটা উপায় হ'ল সন্তান তুলি লৈ প্ৰতিপালনৰ দ্বায়িত্ব গ্ৰহণ কৰা বা পালন কৰা। লগতে স্ব-গৰ্ভধাৰণ আৰু নিদানিকভাৱে সহায়ক দাতাৰ জৰিয়তে গৰ্ভধাৰণৰ দৰে কৃত্ৰিম গৰ্ভধাৰণৰ বিকল্প সমূহো প্ৰচলিত। বৰ্তমানৰ মহিলাৰ উন্নত উৰ্বৰতা প্ৰযুক্তিৰ ফলত, বিষমকামী সম্পৰ্কত নথকা অধিক মহিলাই ইন ভিট্ৰো ফাৰ্টিলাইজেচনৰ জৰিয়তে মাতৃত্বৰ অধিকাৰ গ্ৰহণ কৰিব পাৰিছে। ধৰ্মীয় বিশ্বৰ প্ৰায় সকলো ধৰ্মই ধৰ্মীয় আইনৰ জৰিয়তে বা ধৰ্মীয় অনুষ্ঠানত সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত মাতৃসকল মাহাত্ম্যৰ জৰিয়তে তেওঁলোকৰ কাম বা ভূমিকা নিৰ্ধাৰণ কৰে। মাতৃ আৰু মহিলাৰ সৈতে সম্পৰ্কিত ধৰ্মীয় আইনৰ বহুতো উদাহৰণ আছে। মাতৃসম্পৰ্কে নিৰ্দিষ্ট ধৰ্মীয় আইন বা শাস্ত্ৰীয় নীতি থকা বিশ্বৰ প্ৰধান ধৰ্মসমূহৰ ভিতৰত আছে: খ্ৰীষ্টান ধৰ্ম, ইহুদী ধৰ্ম, আৰু ইছলাম ধৰ্ম। মাতৃত্বক সন্মান জনোৱাৰ কিছুমান উদাহৰণৰ ভিতৰত আছে কেথলিকসকলৰ বাবে মেডোনা বা ব্লেচড ভাৰ্জিন মাদাৰ মেৰী, আৰু হিতোপদেশ কিতাপত মাতৃ হিচাপে সক্ৰিয় নাৰীত্বৰ একাধিক ইতিবাচক উল্লেখ। হিন্দু সকলৰ ধৰ্মীয় ঐশ্বৰিক দেৱী সকল আৰু প্ৰাচীন গ্ৰীক প্ৰাক-খ্ৰীষ্টান বিশ্বাসৰ ডিমিটাৰকো মাতৃ বুলি কোৱা হয়। কলা সমগ্ৰ ইতিহাসত মাতৃ আৰু সন্তানৰ সম্পৰ্কক প্ৰায়ে শৈল্পিক কামৰ বিষয় হিচাপে চৰ্চা কৰি অহা হৈছে, সেই অনুসৰি চিত্ৰ, ভাস্কৰ্য বা লিখনি আদিত মাতৃ আৰু সন্তান এক চৰ্চিত আৰু জনপ্ৰিয় বিষয়। চতুৰ্থ শতিকাৰ ৰ'ডছ দ্বীপত থকা কবৰ সমূহত শিশুৰ সৈতে তেওঁলোকৰ মাতৃসকলক চিত্ৰিত কৰা হৈছিল। ফ্ৰান্সৰ চিত্ৰকলাত মাতৃ আৰু সন্তানৰ সম্পৰ্ক সম্পৰ্কীয় চিত্ৰকলাৰ এক দীঘলীয়া পৰম্পৰা আছে। অষ্টদশ শতিকাত, এই কাৰ্য্যবোৰে মাতৃ আৰু শিশুৰ মাজৰ সম্পৰ্কক মূৰ্ত কৰি তোলাৰ লগতে এক গভীৰ পাৰিবাৰিক সম্পৰ্কক প্ৰতিনিধিত্ব কৰিছিল। তথ্যসূত্ৰ পৰিয়াল
85750
https://as.wikipedia.org/wiki/%E0%A6%A6%E0%A7%87%E0%A7%B1%E0%A6%B2%20%E0%A6%A6%E0%A7%87%E0%A7%B1%E0%A7%80
দেৱল দেৱী
দেৱল দেৱী গুজৰাটৰ বাঘেলা সাম্ৰাজ্যৰ শেষ সাৰ্বভৌম শাসক কৰ্ণ দেৱ দ্বিতীয়ৰ জীয়ৰী আছিল। ১৩০৮ খ্ৰীষ্টাব্দত তেওঁৰ আলাউদ্দিন খিলজীৰ জ্যেষ্ঠ পুত্ৰ খিজিৰ খানৰ সৈতে বিবাহ হয়। আঠ বছৰ পিছত খিজিৰ খাঁক তেওঁৰ ভাতৃ মুবাৰক শ্বাহে (১৩১৬-২০) মৃত্যুদণ্ড দিয়ে আৰু দেৱল দেৱীক নিজৰ হাৰেমলৈ লৈ যায়। ১৩২০ চনত মুবাৰককো তেওঁৰ প্ৰিয় খুছৰো খানে মুণ্ডচ্ছেদ কৰি দেৱলক বিবাহ কৰায়। খুছৰো খাঁ আছিল খিলজী বংশৰ শেষ শাসক। অভিলাষী, ক্ষমতালোভী মুছলমান পুৰুষসকলৰ ইজনৰ পৰা সিজনলৈ হস্তান্তৰিত হোৱা দেৱল দেৱীৰ কাহিনীটোৱে হৈছে নন্দশংকৰ মেহতা ৰচিত গুজৰাটী ঐতিহাসিক উপন্যাস কৰণ ঘেলোৰ ভিত্তি। জীৱনী ১২৯৮ খ্ৰীষ্টাব্দত তেতিয়াৰ দিল্লীৰ চুলতান আলাউদ্দিল খিলজীয়ে উলুঘ খান আৰু নছৰত খানক নেতৃত্ব ভাৰ দি গুজৰাট অভিযানলৈ পঠিয়ায়। গুজৰাটৰ প্ৰধান শাসক, বাঘেলা বংশৰ দ্বিতীয় কৰ্ণ দেৱ পৰাজিত হয়। তেওঁৰ ৰাণী কমলা দেৱীক আক্ৰমণকাৰীয়ে কৰায়ত্ব কৰি আলাউদ্দিল খিলজীৰ ওচৰলৈ লৈ আহে। কৰণ দেৱ দ্বিতীয়ই কম বয়সীয়া জীয়েক দেৱল দেৱী আৰু জীয়াই থকা তেওঁৰ অনুগামীসকলক লৈ দাক্ষিণাত্যলৈ পলাই যায় আৰু দেওগিৰিৰ (পিছলৈ দৌলতাবাদ) শাসক ৰামচন্দ্ৰ দেৱৰ দৰবাৰত আশ্ৰয় লয়। কৰণ দেৱ দ্বিতীয়ৰ পত্নী কমলা দেৱীক খিলজীয়ে তৃতীয় পত্নীৰ ৰূপত বিয়া কৰায়। সোনকালেই তেওঁ খিলজীৰ প্ৰিয়পাত্ৰ হৈ পৰিল আৰু প্ৰায়ে তেওঁ চুলতানক ক’বলৈ লয় যে সৰু জীয়েকজনীলৈ তেওঁৰ কিমান মনত পৰে। সেয়েহে ১৩০৮ চনত মাক-জীয়েকৰ বিচ্ছেদৰ দহ বছৰ পাছত খিলজীয়ে দাক্ষিণাত্যলৈ এটা সৈন্য প্ৰেৰণ কৰে আৰু সেনাধিপতি মালিক কফুৰক যেনেকৈয়ে হওক দেৱল দেৱীক লৈ আনিবলৈ নিৰ্দেশ দিয়ে। ইতিমধ্যে দেৱল দেৱীও যথেষ্ট ডাঙৰ হৈছে। ইতিহাসবিদ ফিৰিষ্টাৰ মতে, কৰ্ণ দেৱ দ্বিতীয়ক তেওঁৰ আশ্ৰয়প্ৰদানকাৰী ৰামচন্দ্ৰ দেৱে তেওঁৰ পুত্ৰ আৰু উত্তৰাধিকাৰ শশাংক দেৱৰ সৈতে বিয়া পাতি দিবলৈ পৰামৰ্শ দিয়ে। কিন্তু জাতিগত কাৰণত কৰণ দেৱ দ্বিতীয়ই এই প্ৰস্তাৱ মানি ল’বলৈ টান পাইছিল। কিন্তু ইতিমধ্যে দিল্লীৰ আক্ৰমণকাৰীসকল আহি দেওগিৰি পোৱাত আৰু আক্ৰমণকাৰীৰ লক্ষ্য দেৱল দেৱী বুলি জানি কৰ্ণ দেৱ দেৱল দেৱীক ৰাজকুমাৰ শশাংকলৈ বিয়া দিবলৈ সন্মত হ’ল। দেৱল দেৱীক সাজসজ্জা কৰাই, পালকি বহুৱাই সশস্ত্ৰ বাহিনীৰ পহৰাৰ মাজেৰে দেওগিৰি দুৰ্গলৈ পঠিয়াই দিয়া হ’ল। কিন্তু দুৰ্গ পোৱাৰ পূৰ্বেই চুলতানৰ সৈন্যই দেৱল দেৱীক কৰায়ত্ব কৰে। নিজামউদ্দিন আৰু আব্দুল কাদিৰ বদাউনিৰ মতে সৈন্য দলটোৰ নেতৃত্বত উলুঘ খান নিজে আছিল। দেৱলক দিল্লীলৈ পঠিয়াই দিয়া হ’ল, য’ত তেওঁ শৈশৱতে বিচ্ছিন্ন হোৱা মাকক লগ পায়। তাৰ কিছুদিন পিছতে মাকৰ ইচ্ছা অনুসৰি আলাউদ্দিনৰ বৰপুত্ৰ, কমলা দেৱীৰ সতীয়া পুত্ৰ খিজিৰ খানৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়। ১৩১৬ চনত আলাউদ্দিনৰ মৃত্যুৰ পিছত তেওঁৰ তৃতীয় পুত্ৰই কুতুবুদ্দিন মুবাৰক শ্বাহ সিংহাসনত আৰোহণ কৰে। মুবাৰক শ্বাহৰ ৰাজত্বকালত তেওঁক হত্যা কৰি খিজিৰ খানৰ এজন পুত্ৰক সিংহাসনত বহুৱাবলৈ ষড়যন্ত্ৰ কৰা হয়। যেতিয়া মুবাৰক শ্বাহে এই পৰিকল্পনাৰ বিষয়ে গম পালে, তেতিয়া তেওঁৰ ভাতৃ খিজিৰ খানকে ধৰি এই ষড়যন্ত্ৰৰ লগত জড়িত সকলোকে হত্যা কৰে। ইতিহাসবিদ হাজী-উদ-দাবিৰে লিখিছে যে তাৰ পিছত মুবাৰক শ্বাহে দেৱল দেৱীক বলপূৰ্বকভাৱে বিয়া কৰায়। মুবাৰক শ্বাহ উভকামী আছিল আৰু ১৩২০ চনৰ ১৪ এপ্ৰিলৰ নিশা তেওঁৰ প্ৰিয় যৌনসংগী খুছৰো খানে তেওঁক হত্যা কৰে। সমসাময়িক ইতিহাসবিদ জিয়াউদ্দিন বাৰাণীয়ে লিখিছে যে তাৰ পিছত খুছৰো খানে দেৱল দেৱীক বিয়া কৰায় আৰু এইদৰে তেওঁৰ তৃতীয় স্বামী হয়। কৰণ ঘেলো গ্ৰন্থখনৰ মতে দেৱলৰ তৃতীয় বিবাহ তেওঁৰ বাবে গ্ৰহণযোগ্য আছিল। কাৰণ খুছৰো খানেও ৰাজপুত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু সৰু অৱস্থাতে তেওঁক ‘নায়েব-ই-খাচ-ই-হাজিব’ মালিক শাদীয়ে বন্দী কৰি দিল্লীলৈ আহিছিল। মালিক শাদীয়ে তেওঁ মুছলমান হিচাপে ডাঙৰ-দীঘল কৰিছিল। পিছলৈ সুন্দৰ চেহেৰাৰ বাবে তেওঁ মুবাৰক শ্বাহৰ অনুগ্ৰহ লাভ কৰিছিল। ঐতিহাসিক বাৰাণীয়ে এই কথা সমৰ্থন কৰিছে। কিন্তু মাত্ৰ পাঁচ মাহৰ ৰাজত্বৰ অন্তত গিয়াছ আল-দিন তোঘলকে খুছৰো খানক পৰাস্ত কৰি মৃত্যুদণ্ড দিয়ে। ১৩২০ চনৰ ছেপ্টেম্বৰ মাহত এই ঘটনা ঘটিছিল। তাৰ পিছত দেৱল দেৱীৰ ভাগ্যৰ বিষয়ে ঐতিহাসিক উৎসসমূহে নিমাত হৈ আছে। অৱশ্যে কৰণ ঘেলোত লিখা হৈছে যে খুছৰো খানৰ মৃত্যুৰ পিছত দেৱল দেৱীয়েও বিষ পান কৰি আত্মহত্যা কৰে। অৱশ্যে মন কৰিবলগীয়া কথা যে কৰণ ঘেলো কোনো ঐতিহাসিক গ্ৰন্থ নহয়। তথ্য উৎস গ্ৰন্থপঞ্জী ভাৰতীয় ৰাণী গুজৰাটৰ
3076
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A6%AC%E0%A7%80%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A6%A8%E0%A6%BE%E0%A6%A5%20%E0%A6%A0%E0%A6%BE%E0%A6%95%E0%A7%81%E0%A7%B0
ৰবীন্দ্ৰনাথ ঠাকুৰ
ৰবীন্দ্ৰনাথ ঠাকুৰ ৭ মে', ১৮৬১ ৭ আগষ্ট, ১৯৪১) বঙালী সাহিত্যৰ দিকদৰ্শক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক। ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা বিংশ শতিকাৰ মাজভাগলৈকে ৰবীন্দ্ৰনাথে বঙালী সাহিত্যত এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰে। তেখেতৰ গীতাঞ্জলি কাব্যগ্ৰন্থৰ বাবে ১৯১৩ চনত তেওঁ এছিয়া মহাদেশৰ প্ৰথম ব্যক্তি হিচাপে ন'বেল বঁটা লাভ কৰে। তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰে বঙালী ভাষা আৰু সংস্কৃতি সমৃদ্ধ। বিশ্বৰ বঙালীভাষীসকলৰ মাজত তেওঁ বিশ্বকবি, কবিগুৰু আৰু গুৰুদেৱ নামেৰে প্ৰসিদ্ধ। তেওঁ বিশ্বফৰ একমাত্ৰ কবি যি দুখনকৈ দেশৰ জাতীয় সংগীত ৰচনা কৰিছে। বাংলাদেশৰ জাতীয় সংগীত আমাৰ সোনাৰ বাংলা আৰু ভাৰতৰ জাতীয় সংগীত জন গণ মন দুয়োটাৰে ৰচয়িতাই ৰবীন্দ্ৰনাথ। বঙালী ভাষা-সাহিত্য, শিল্প কলা আৰু শিল্প চেতনা ৰবীন্দ্ৰনাথ ঠাকুৰৰ হাতত নতুনকৈ নিৰ্মিত হৈছে বুলি কোৱা যায়। ব্ৰাহ্মণ সমাজৰ অন্তৰ্গত ৰবীন্দ্ৰনাথে তেওঁৰ জীৱনৰ প্ৰথম কবিতা লিখিছিল মাত্ৰ আঠ বছৰ বয়সত। ১৮৭৭ চনত মাত্ৰ ১৬ বছৰ বয়সতে তেওঁ প্ৰথম চুটিগল্প আৰু নাটক লিখে। ইয়াৰ আগেয়েই তেওঁ ভানুসিংহ ছদ্মনামেৰে কিছু কাব্য সৃষ্টি কৰিছিল। পাৰিবাৰিক শিক্ষা, শিলাইদহৰ জীৱন আৰু প্ৰচুৰ ভ্ৰমণ অভিজ্ঞতাই তেওঁক প্ৰথাবিৰুদ্ধ আৰু প্ৰয়োগবাদী হিচাপে গঢ়ি উঠাত সহায় কৰিছিল। তেওঁ ব্ৰিটিছ শাসনৰ প্ৰবল বিৰোধিতা কৰিছিল আৰু মহাত্মা গান্ধীৰ নেতৃত্বৰে পৰিচালিত ভাৰতীয় স্বাধীনতা আন্দোলনক সমৰ্থন কৰিছিল। তেওঁৰ সমগ্ৰ পৰিয়ালৰ বিলুপ্তি আৰু বঙ্গ-ভঙ্গৰ নিদৰ্শন তেওঁৰ সন্মুখতেই ঘটিছিল। এইফালৰ পৰা তেওঁৰ জীৱনটো দুখৰ বুলি ক’ব পাৰি। কিন্তু তেওঁৰ কবিতা, অন্যান্য সাহিত্য আৰু বিশ্বভাৰতীৰ প্ৰতিষ্ঠাই তেওঁৰ জীৱনক যি মহিমা প্ৰদান কৰিছে সেয়া আজীৱন স্মৰণীয় হৈ থাকিব। জীৱনী প্ৰাথমিক জীৱন (১৮৬১–১৯০১) ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ কলকাতাৰ জোড়াসাঁকোৰ বিখ্যাত ঠাকুৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। পিতৃ দেবেন্দ্ৰনাথ ঠাকুৰ আৰু মাতৃ সাৰদা দেবীৰ ১৪টা সন্তানৰ মাজত ১৩ নম্বৰজন আছিল ৰবীন্দ্ৰনাথ। তেওঁৰ সৰুতে মতা নাম আছিল ৰবি। ১১ বছৰ বয়সত তেওঁৰ লগুণদিয়নী সম্পন্ন হোৱাৰ পাচত ১৮৭৩ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে ৰবীন্দ্ৰনাথে পিতৃৰ লগত ভাৰত ভ্ৰমণৰ উদ্দেশ্যে যাত্ৰা কৰে। তেওঁ ভ্ৰমণ কৰা ভাৰতৰ বিভিন্ন ঠাইসমূহৰ ভিতৰত আছিল তেওঁৰ পৈতৃক সম্পত্তি থকা শান্তিনিকেতন, অমৃতসৰ আৰু বৰ্তমান হিমাচল প্ৰদেশৰ শৈলনগৰী ডেলহাউচি। তাতে তেওঁ বিভিন্ন ব্যক্তিৰ জীৱনী পঢ়িল, অধ্যয়ন কৰিলে ইতিহাস, জ্যোতিৰ্বিজ্ঞান, আধুনিক বিজ্ঞান আৰু সংস্কৃত। একেলগে তেওঁলোকে কালিদাসৰ ধ্ৰুপদী কাব্যৰ বিভিন্ন পৰ্যালোচনা কৰিলে। ১৮৭৭ চনত তেওঁৰ প্ৰথম সাহিত্যকৰ্ম প্ৰকাশিত হয়। ইয়াৰ মাজত আছিল মৈথিলি শৈলীত লিখা কিছু সুদীৰ্ঘ কবিতা। এই ধৰণৰ কবিতা প্ৰথম লিখিছিল কবি বিদ্যাপতিয়ে। এইলানি কবিতা সম্পৰ্কে তেওঁ উল্লেখ কৰিছে যে, এইবিলাক হৈছে ভানুসিংহৰ(সপ্তদশ শতাব্দীৰ বৈষ্ণৱ কবি) হেৰাই যোৱা কাব্য-সংগ্ৰহ। সেই একে বছৰতে তেওঁ লিখে ভিক্ষাৰিনী নামৰ গল্পটি, যি বঙালী সাহিত্যৰ প্ৰথম চুটিগল্পৰ মৰ্যাদা লাভ কৰিছে। ১৮৮২ চনত তেওঁৰ বিখ্যাত কাব্যগ্ৰন্থ সন্ধ্যা সংগীত প্ৰকাশিত হয়। "নিৰ্ঝৰেৰ স্বপ্নভঙ্গ" নামৰ বিখ্যাত কবিতাটি এই কাব্যগ্ৰন্থৰে অন্তৰ্গত। ১৮৭৮ চনত বেৰিষ্টাৰ হোৱাৰ উদ্দেশ্যে ৰবীন্দ্ৰনাথে ইংলেণ্ডলৈ যাত্ৰা কৰে। তাত ব্ৰাইটনৰ এখন পাব্লিক স্কুলত তেওঁ নামভৰ্তি কৰে। তাৰপিছত তেওঁ ইউনিভাৰ্চিটি কলেজ লণ্ডনত পঢ়াশুনা কৰে। ১৮৮০ চনত তেওঁ কোনো ডিগ্ৰী লাভ নকৰাকৈ ভাৰতলৈ ঘূৰি আহে। ১৮৮৩ চনত তেওঁ মৃণালিনী দেৱীক বিয়া কৰায়। জন্মৰ সময়ত মৃণালিনীৰ ঘৰত মতা নাম আছিল ভৱতাৰিণী (১৮৭৩–১৯০২)। তেওঁলোকৰ পাঁচটি সন্তানৰ জন্ম হৈছিল যদিও তাৰ মাজতে দুটি শিশুকালতেই মৃত্যুৰ মুখত পৰে।। ১৮৯০ চনৰপৰা ৰবীন্দ্ৰনাথে শিলাইদহত থকা তেওঁৰ পৈতৃক সম্পত্তি চোৱাচিতা কৰাৰ দায়িত্ব গ্ৰহণ কৰে। এইখিনি সময়ত তেওঁ "জমিদাৰ বাবু" নামেৰে পৰিচিত আছিল। এইছোৱা সময়তে ৰবীন্দ্ৰনাথে অনেক গল্প ৰচনা কৰে। তেওঁৰ তিনিটা খণ্ডত ৰচিত বিখ্যাত গল্প সংকলন গল্পগুচ্ছৰ (য'ত মুঠ ৮৪টা চুটিগল্প আছে) প্ৰায় আধাসংখ্যক গল্প এইখিনি সময়তেই তেওঁ ৰচনা কৰে। এই গল্পসমূহত ব্যঙ্গ তথা আবেগৰ সমন্বয়ত গ্ৰামীণ বাংলাৰ সঠিক চিত্ৰ নিপুণভাবে ফুটি উঠিছে। শান্তিনিকেতন (১৯০১-১৯৩২) ১৯০১ চনত ৰবীন্দ্ৰনাথে শিলাইদহ ত্যাগ কৰি শান্তিনিকেতনৰ উদ্দেশ্যে যাত্ৰা কৰে। তেওঁৰ শান্তিনিকেতনলৈ যোৱাৰ মূল উদ্দেশ্য আছিল এখন আশ্ৰম স্থাপন কৰা। এই আশ্ৰমত তেওঁ গঢ়ি তোলে এটি মাৰ্বল পাথৰেৰে সুশোভিত মন্দিৰ, এখন বিদ্যালয়, বাগিচা আৰু গ্ৰন্থাগাৰ। এইছোৱা সময়তেই তেওঁৰ পত্নী আৰু দুটা সন্তানৰ পৰলোকপ্ৰাপ্তি হয়। ১৯০৫ চনৰ জানুৱাৰী মাহৰ ১৯ তাৰিখে তেওঁৰ পিতৃ দেবেন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু ঘটে। ইতিমধ্যে তেওঁৰ সাহিত্যকৰ্মই দেশে-বিদেশে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯০১ চনত তেওঁৰ নৈবেদ্য কাব্যপুথি আৰু ১৯০৬ চনত খেয়া নামৰ কাব্যপুথি প্ৰকাশিত হয়। ১৯১৩ চনৰ নৱেম্বৰ মাহত তেওঁ "গীতাঞ্জলি" কাব্যপুথিৰ বাবে সাহিত্যৰ নোবেল বঁটা লাভ কৰে। ১৯২১ চনত ৰবীন্দ্ৰনাথে কৃষি অৰ্থনীতিবিদ লিওনাৰ্ড কে মহাৰ্ষ্টৰ লগত মিলি শান্তিনিকেতনৰ সমীপত অৱস্থিত সুৰুল নামৰ গাঁৱত পল্লী পুনৰ্নিমাণ সংস্থা নামৰ এটা প্ৰতিষ্ঠান গঢ়ি তোলে। পিছত তেওঁ এই প্ৰতিষ্ঠানটোৰ নাম সলনি কৰি "শ্ৰীনিকেতন" ৰাখে। এই "শ্ৰীনিকেতন"ৰ মাধ্যমেৰে ৰবীন্দ্ৰনাথে মহাত্মা গান্ধী পৰিচালিত স্বাধীনতা আন্দোলনৰ এটি বিকল্প ব্যৱস্থা প্ৰতিষ্ঠাৰ চেষ্টা কৰিছিল।। এই প্ৰতিষ্ঠানত তেওঁ দেশ-বিদেশৰ বিভিন্ন পণ্ডিত আৰু বিদ্বান লোকৰ সহযোগত গাঁৱৰ লোকসকলক বিনামূলীয়া শিক্ষা দিয়াৰ প্ৰয়াস কৰিছিল।। ১৯৩০ৰ দশকত তেওঁ ভাৰতবৰ্ষৰ অস্বাভাৱিক বৰ্ণবিভেদৰ বিষয়ে মতামত প্ৰকাশ কৰা আৰম্ভ কৰে। তেওঁ এই বৰ্ণবিভেদৰ বিৰূদ্ধে বক্তৃতা, কবিতা, নাটক আদিৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। মূলতঃ দলিতসকলক সমাজত অবাধ প্ৰৱেশাধিকাৰ দিয়াটোৱেই আছিল তেওঁৰ উদ্দেশ্য। জনপ্ৰিয়তাৰ বছৰসমূহত (১৯৩২-১৯৪১) জীৱনৰ অন্তিম দশকতো ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৃজনশীলতা অটুট আছিল। তেখেতৰ জনপ্ৰিয়তাও আছিল তুঙ্গত। ১৯৩৪ চনৰ ১৫ জানুৱাৰীত ভাৰতৰ বিহাৰ ৰাজ্যত হোৱা প্ৰলয়ংকাৰী ভূমিকম্প সম্বন্ধে মহাত্মা গান্ধী-য়ে কৈছিল যে 'এয়া দলিতসকলক বশীভূত কৰিবলৈ ঈশ্বৰৰ এক প্ৰতিশোধ'।। ৰবীন্দ্ৰনাথে এই মন্তব্যৰ বাবে মহাত্মা গান্ধীক ৰাজহুৱা ভাৱে তিৰস্কাৰ কৰে। ঈয়াৰোপৰি বঙ্গৰ আৰ্থসামাজিক অৱস্থাৰ অৱনতি আৰু কলিকতাত দৰিদ্ৰতাৰ প্ৰাদুৰ্ভাৱৰ কাৰণে বিশেষ ভাৱে দুখ প্ৰকাশ কৰে। ১০০ শাৰীৰ এটা মিত্ৰাক্ষৰ বৰ্জিত কবিতাৰে তেখেতে নিজৰ বেদনাৰ বহিৰ্প্ৰকাশ কৰে। দ্বিমুখী চিন্তাধাৰাক উদ্বিত কৰাৰ এই কৌশল পৰৱৰ্তী কালৰ সত্যজিত ৰায় পৰিচালিত অপুৰ সংসাৰ নামৰ চলচ্চিত্ৰত অনুসৰণ কৰা হয়।। এই সময়ত ৰবীন্দ্ৰনাথ ঠাকুৰৰ লেখাৰ এটা ১৫ খণ্ডৰ সংকলন প্ৰকাশ কৰা হয়। এই সংকলনৰ অন্তৰ্ভুক্ত আছিল "পুনশ্চ" (১৯৩২), "শেষ সপ্তক" (১৯৩৫) আৰু "পাত্ৰপুট" (১৯৩৬)। তেখেতে গদ্য-গান আৰু নৃত্যনাট্য ৰচনাৰ পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখে, আৰু ইয়াৰ মাজত আছেঃ "'চিত্ৰাঙ্গদা"" (১৯১৪), "শ্যামা" (১৯৩৯) আৰু "চণ্ডালিকা" (১৯৩৮)। এই কালছোৱাত ৰছিত উপন্যাসসমূহ হৈছে "দুই বোন" (১৯৩৩), "মালঞ্চ" (১৯৩৪) আৰু "চাৰ অধ্যায়" (১৯৩৪)। জীৱনৰ শেষ সময়ত তেখেতে বিজ্ঞান সংক্ৰান্তিয় বিষয়ৰ প্ৰতি আগ্ৰহান্বিত হয় আৰু তাৰ প্ৰমাণ পোৱা যায় "বিশ্ব পৰিচয়" (১৯৩৭) নামৰ এটি প্ৰবন্ধ সংকলনত। তেখেতে জীৱবিজ্ঞান, পদাৰ্থবিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান অধ্যয়ন কৰে আৰু তেখেতৰ সেই সময়ৰ কবিতা আৰু সাহিত্য-কৰ্মত বিজ্ঞানৰ প্ৰাকৃতিক নিয়মৰ প্ৰতি তেখেতৰ বোধগম্যতা ফুটি উঠে। এই সাহিত্যৰাজীত উচ্চমানৰ প্ৰকৃতিবাদ প্ৰস্ফুটিত হোৱা দেখা যায়। তেখেতৰ তিনিটা ভিন্ন গল্পত বৈজ্ঞানিক প্ৰক্ৰিয়াৰ ব্যাখ্যা দিয়া আছে, এই গল্পকেইটা হ'লঃ "সে" (১৯৩৭), "তিন সঙ্গী" (১৯৪০) আৰু "গল্পসল্প। (১৯৪১) জীৱনৰ শেষ চাৰি বছৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ শৰীৰৰ বিভিন্ন স্থানত বিষ হৈছিল। ১৯৩৭ চনৰ শেষৰ পিনে তেখেতে চেতনা হেৰুৱায় আৰু ইয়াৰ পিছত এক দীঘলীয়া সময়ৰ বাবে তেখেত ক'মাত থাকে। তিনি বছৰ পাছত ১৯৪০ চনত তেখেতে আকৌ গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে আৰু ইয়াৰ পাছত তেখেত পুনৰাই সুস্থ নহ'ল। এইসময়ত ৰচিত কবিতাবোৰ তেখেতৰ জীৱনৰ অন্যতম প্ৰধান ৰচনা হিচাপে খ্যাত হৈছে। কাৰণ এই কবিতাবোৰৰ মাজত তেখেতে মৃত্যুৰ দুৱাৰ-দলিত ভৰি দিয়াৰ আভাস প্ৰস্ফুটিত হৈছিল। দীঘলীয়া অসুস্থতাৰ অন্তত ১৯৪১ চনৰ ৭ আগষ্ট তাৰিখে (২২ শাওন, ১৩৪৮ বঙ্গাব্দ) জোৰাসাঁকোৰ ওপৰ মহলাৰ এটা কোঠাত তেখেতে প্ৰাণত্যাগ কৰে। এই ঘৰটোতে তেখেতে ডাঙৰ-দীঘল হৈছিল। তেখেতৰ মৃত্যু বাৰ্ষিকী আজিও বিশ্বৰ সকলো প্ৰান্তৰ লোকে গাম্ভীৰ্য সহকাৰে পালন কৰে। ভ্ৰমণসমূহ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভ্ৰমণৰ নিচা আছিল প্ৰখৰ। ১৮৭৮ চনৰ পৰা ১৯৩২ চনৰ মাজভাগলৈ তেওঁ পাঁচখন মহাদেশৰ ত্ৰিছখনৰো অধিক দেশ ভ্ৰমণ কৰিছিল। ইয়াৰ বহুতো ভ্ৰমণৰ উদ্দেশ্য আছিল ভাৰতৰ বাহিৰৰ অনা-বঙালী পঢ়ুৱৈ আৰু শ্ৰোতাসকলক তেখেতৰ সাহিত্য কৰ্মৰ সৈতে পৰিচয় কৰি দিয়া আৰু কেখেতৰ ৰাজনৈতিক আদৰ্শ প্ৰচাৰ কৰা। ১৯১২ চনত ইংলেণ্ডলৈ যোৱাৰ যাওঁতে তেখেতে এবাকচ কিতাপো লৈ গৈছিল আৰু এই কিতাপবোৰে বিভিন্ন মিচনেৰী ব্যক্তিত্ব, চাৰ্লচ এফ এণ্ড্ৰুজ, এংলো আইৰিচ কবি উইলিয়াম বাটলাৰ য়েটচ, এজৰা পাউণ্ড, ৰবাৰ্ট ব্ৰিজেছ, আৰ্নষ্ট ৰাইট প্ৰমুখ্যে বিভিন্ন ব্যক্তিক মুগ্ধ কৰিছিল। য়েটচে আনকি গীতাঞ্জলীৰ ইংৰাজী অনুবাদৰ ভূমিকাও লিখিছিল। এণ্ড্ৰুজে ভাৰতলৈ আহি শান্তি নিকেতনত তেখেতৰ সৈতে যোগ দিছিল। ১৯১৬ চনৰ ৩ মেৰ পৰা ১৯১৭ চনৰ এপ্ৰিল মাহ পৰ্যন্ত তেখেতে জাপান আৰু যুক্তৰাষ্ট্ৰত বক্তৃতা প্ৰদান কৰে। এই বক্তৃতাবোৰত তেখেতে বিশেষকৈ জাপানী এবং আমেৰিকান জাতীয়তাবাদৰ নিন্দা কৰে। তেখেতে "ভাৰতত জাতীয়তাবাদ" শীৰ্ষক এটি প্ৰবন্ধ ৰচনা কৰে, য'ত ভাৰতীয় জাতীয়তাবাদৰ প্ৰতি বিদ্ৰূপ আৰু প্ৰশংসা উভয়েই আছিল। বিশ্বজনীন শান্তিবাদত বিশ্বাসীসকলে অৱশ্য ইয়াৰ প্ৰশংসা কৰিছিল। এইসকলৰ ভিতৰত এজন আছিল ৰোমাঁ ৰোঁলা। তাৰপৰা ভাৰতলৈ উভতি অহাৰ পিছতেই ৬৩ বছৰ বয়সীয়া ৰবীন্দ্ৰনাথে পেৰু চৰকাৰৰ আমন্ত্ৰণ মৰ্মে সেই দেশলৈ যায় আৰু একেলগে মেক্সিকোলৈ যোৱাৰ সুযোগো গ্ৰহণ কৰে। তেখেতৰ ভ্ৰমণৰ প্ৰতি সন্মান দেখুৱাই উভয় দেশৰ চৰকাৰে শান্তিনিকেতনৰ বিশ্বভাৰতীলৈ ১০০,০০০ আমেৰিকান ডলাৰ অনুদান আগবঢ়ায়। ১৯২৪ চনৰ ৬ নবেম্বৰত ৰবীন্দ্ৰনাথে আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনচ আয়াৰচলৈ যায়। কিন্তু তালৈ যোৱাৰ মাত্ৰ এসপ্তাহৰ পিছতে তেখেত অসুস্থ হৈ পৰাত 'ভিক্টোৰ সাহিত্যকৰ্ম ৰবীন্দ্ৰনাথ ঠাকুৰৰ সকলোতকৈ প্ৰভাৱশালী সাহিত্য হৈছে তেখেতৰ গান আৰু কবিতাবোৰ। চুটিগল্প, প্ৰবন্ধ, ভ্ৰমণকাহিনী আৰু নাটক ৰচনাতো তেখেত সিদ্ধহস্ত আছিল। গান আৰু কবিতাৰ পিছতে তেখেতৰ আটাইতকৈ প্ৰভাৱশালী ৰচনা হ'ল চুটিগল্প। তেখেতক বঙালী ভাষাৰ চুটিগল্পৰ প্ৰতিষ্ঠাতা বুলি গণ্য কৰা হয়। তেখেতৰ ৰচনাৰ ছান্দসিক, আশাবাদী আৰু গীতিধৰ্মী ৰূপে সহজেই সকলোকে আকৰ্ষম কৰে। সাধাৰণ বঙালীৰ জীৱনধাৰা আছিল তেখেতৰ ৰচনাৰ প্ৰধান উপজীৱ্য। উপন্যাস নাটক ৰবীন্দ্ৰনাথে প্ৰথম প্ৰথম ভাতৃ জ্যোতিৰিন্দ্ৰনাথ ঠাকুৰ অনূদিত মলিয়েৰৰ বুৰ্জোৱা নাটৰ প্ৰধান চৰিত্ৰৰ ৰূপায়ণৰ মাজেৰে আত্মপ্ৰকাশ কৰে। ২০ বছৰ বয়ষত তেওঁ প্ৰথম নাটক "বাল্মিকী" ৰচনা কৰে। ইয়াত ডকাইত ৰত্নাকৰে কেনেকৈ নিজৰ জীৱনদৰ্শন সলনি কৰি বাল্মিকী হৈ ৰামায়ণ ৰচনা কৰে তাক প্ৰতীয়মান কৰা হৈছে। ইয়াত তেওঁ বিভিন্ন নাট্যশৈলী আৰু ভাৱৰ প্ৰকাশ ঘটাইছে, যেনে কীৰ্তনৰ ব্যৱহাৰ, মাতাল গানত ঐতিহ্যবাহী ব্ৰিটিছ আৰু আইৰিচ লোকসংগীতৰ সূৰৰ সংকলন। ১৮৯০ চনত ৰবীন্দ্ৰনাথে বিসৰ্জন ৰচনা কৰেন যাক অনেকে তেওঁৰ ৰচিত সৰ্বশ্ৰেষ্ঠ নাটক বুলি বিবেচনা কৰে। তেওঁৰ পাচৰ ফালৰ নাটকবোৰত ৰূপকে বেচি প্ৰাধান্য পাইছে। এনে এখন উল্লেখযোগ্য নাটক "ডাকঘৰ। ইয়াত এজন সৰু ল'ৰাই নিজৰ দৈনন্দিন জীৱনৰ পৰা মুক্তি বিচাৰে আৰু অৱশেষত "শুই পৰে" (মৃত্যুৰ ৰূপক/প্ৰতীক)। সাৰ্ব জনীন আৱেদনসম্পন্ন "ডাকঘৰ"ৰ গল্পই ইউৰোপত যথেষ্ট সঁহাৰি পাইছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাষাত ল'ৰাটোৰ শুই পৰাৰ ৰূপকটোৱে "শুই পৰা" ৰূপকটোৱে "জাগতিক স্তুপীকৃত সম্পদ আৰু প্ৰচলিত বিশ্বাস"ৰ পৰা "আধ্যাত্মিক মুক্তি" সূচাইছে। আন এখন উল্লেখযোগ্য নাট "চন্দালিকা" এটা প্ৰাচীন বৌদ্ধ কিংবদন্তী লৈ গঢ়ি উঠিছে। ইয়াত গৌতম বুদ্ধৰ শিষ্য আনন্দই এগৰাকী আদিবাসী ছোৱালীৰ পৰা পানী খুজি খোৱাৰ কথা বৰ্নোৱা হৈছে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিখ্যাত নাটক "ৰক্তকৰবী"ত এজন লোভী ৰজাৰ কথা কোৱা হৈছে। ধনৰ লোভত তেওঁ প্ৰজাসকলক খনিত কাম কৰিবলৈ বাধ্য কৰে। নায়িকা নন্দিনীয়ে প্ৰজাসকলক একগোট কৰে আৰু এই অত্যাচাৰৰ অন্ত ঘটায়। তেওঁৰ অন্যান্য উল্লেখযোগ্য নাটক হৈছে "চিত্ৰাংগদা", "ৰাজা", মায়াৰ খেলা আদি। ৰবীন্দ্ৰনাথ ঠাকুৰৰ নৃত্যপ্ৰধান নাটসমূহক "ৰবীন্দ্ৰ নৃত্যনাট্য" বুলি জনা যায়। তেখেতে ৰচনা কৰা নাটকসমূহ হ'ল- গল্প সংকলন কবিতা বিহাৰীলাল চক্ৰৱৰ্তী (১৮৩৫-১৮৯৪) আছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ পূৰ্বসূৰী কবি। ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিকাহিনী, বনফুল আৰু ভগ্নহৃদয় এই তিনিখন কাব্যগ্ৰন্থত বিহাৰীলালৰ প্ৰভাৱ সুস্পষ্ট। সন্ধ্যাসংগীত কাব্যগ্ৰন্থত ৰবীন্দ্ৰনাথে প্ৰথন নিজেৰ বক্তব্য প্ৰকাশ কৰে। এই পৰ্বৰ সন্ধ্যাসংগীত, প্ৰভাতসংগীত, ছবি ও গান আৰু কড়ি ও কোমল কাব্যগ্ৰন্থৰ মূল বিষয়বস্তু আছিল মানৱ হৃদয়ৰ বিষণ্ণতা, আনন্দ, মৰ্ত্যপ্ৰীতি আৰু মানৱপ্ৰেম। ১৮৯০ চনত প্ৰকাশিত মানসী আৰু তাৰ পিছত প্ৰকাশিত সোণাৰ তৰী (১৮৯৪), চিত্ৰা (১৮৯৬), চৈতালি (১৮৯৬), কল্পনা (১৯০০) আৰু ক্ষণিকা (১৯০০) কাব্যগ্ৰন্থত ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰেম আৰু সৌন্দৰ্য সম্পৰ্কিত ৰোমান্তিক ভাৱনা ফুটি উঠিছে। ১৯০১ চনত ব্ৰহ্মচৰ্যাশ্ৰম প্ৰতিষ্ঠাৰ পিছত ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাত আধ্যাত্মিক চিন্তাৰ প্ৰাধান্য পৰিলক্ষিত হয়। এই চিন্তা প্ৰকাশ পাইছে নৈবেদ্য (১৯০১), খেয়া (১৯০৬), গীতাঞ্জলি (১৯১০), গীতিমাল্য (১৯১৪) আৰু গীতালি (১৯১৪) কাব্যগ্ৰন্থত। ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধৰ সূচনা হোৱাত বলাকা (১৯১৬) গ্ৰন্থত ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাত আধ্যাত্মিক চিন্তাৰ পৰিৱৰ্তে মৰ্ত্যৰ জীৱন সম্পৰ্কে আগ্ৰহ প্ৰকাশ পায়। পলাতকা (১৯১৮) গ্ৰন্থত গল্প-কবিতাৰ ৰূপত তেখেতে নাৰী জীৱনৰ সমসাময়িক সমস্যাবোৰ তুলি ধৰে। পূৰবী (১৯২৫) আৰু মহুৱা (১৯২৯) কাব্যগ্ৰন্থত ৰবীন্দ্ৰনাথ প্ৰেমক উপজীব্য কৰে। ইয়াৰ পিছত পুনশ্চ (১৯৩২), শেষ সপ্তক (১৯৩৫), পত্ৰপুট (১৯৩৬) আৰু শ্যামলী (১৯৩৬) শীৰ্ষক চাৰিখন গদ্যকাব্য প্ৰকাশিত হয়। জীৱনৰ শেষ দশকত কবিতাৰ আঙ্গিক আৰু বিষয়বস্তুক লৈ তেখেতে কেইটামান নতুন পৰীক্ষা-নিৰীক্ষা চলাইছিল। এই সময়ৰ ৰোগশয্যায় (১৯৪০), আৰোগ্য (১৯৪১), জন্মদিনে (১৯৪১) আৰু শেষ লেখা (১৯৪১, মৰণোত্তৰ ভাবে প্ৰকাশিত) গ্ৰন্থত মৃত্যু আৰু মৰ্ত্যপ্ৰীতিক এটা নতুন আঙ্গিকত প্ৰকাশ কৰিছিল। কবিজনাৰ শেষ কবিতা "তোমাৰ সৃষ্টিৰ পথ" মৃত্যুৰ আঠ দিন আগত মৌখিকভাবে ৰচনা কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাত মধ্যযুগীয় বৈষ্ণব পদাৱলী, উপনিষদ, কবীৰৰ দোহাৱলী, লালনৰ বাউল গীত আৰু ৰামপ্ৰসাদ সেনৰ শাক্ত পদাৱলীৰ প্ৰভাৱ পৰিলক্ষিত হয়। তথাপি প্ৰাচীন সাহিত্যেৰ দুৰূহতাৰ পৰিবৰ্তে তেখেতে এক সহজ আৰু সৰস কাব্যৰচনাৰ আঙ্গিক গ্ৰহণ কৰিছিল। আকৌ ১৯৩০-ৰ দশকত কিছু পৰীক্ষামূলক ৰচনাৰ মাধ্যমেদি বঙালী সাহিত্যত আধুনিকতা আৰু বাস্তৱতাবোধৰ প্ৰাথমিক আবিৰ্ভাৱ প্ৰসঙ্গত তেখেতে নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। বহিৰ্বিশ্বত তেখেতৰ আটাইতকৈ সুপৰিচিত কাব্যগ্ৰন্থখন হ'ল গীতাঞ্জলি। এই গ্ৰন্থৰ বাবেই তেখেতেনোবেল বঁটা লাভ কৰিছিল। নোবেল ফাউণ্ডেচনে তেখেতৰ এই গ্ৰন্থখনক "গভীৰ সংবেদনশীল, উজ্জ্বল আৰু সুন্দৰ কাব্যগ্ৰন্থ" বুলি মন্তব্য কৰিছল। সংগীত আৰু চিত্ৰশিল্প ৰবীন্দ্ৰনাথ ঠাকুৰ এজন উচ্চ পৰ্যায়ৰ সংগীতজ্ঞ আৰু চিত্ৰকৰ আছিল। তেখেতে লেখা ২,২৩০টা গান বঙালী সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ। ৰবীন্দ্ৰনাথ ঠাকুৰৰ গান ৰবীন্দ্ৰ সংগীত হিচাপে পৰিচিত। ৰবীন্দ্ৰনাথ ঠাকুৰৰ গানক আচলতে তেখেতৰ সাহিত্যৰাজিৰ পৰা পৃঠক কৰা কঠিন। সেইবোৰৰ বেচিভাগেই কবিতা, নাটক বা গল্প-উপন্যাসৰ অংশ। তেখেতৰ গানত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ঠুমৰীৰ বিশেষ প্ৰভাৱ দেখা যায়। মানৱ মনৰ সকলো অভিব্যক্তিয়ে তেখেতৰ গানত ধৰা দিছে।। ষাঠি বছৰ বয়সত ৰবীন্দ্ৰনাথে ৰং-তুলিকা হাতত তুলি লৈছিল আৰু সফতাৰে তেখেতে নানা চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছিল। প্ৰথম চিত্ৰ প্ৰদৰ্শনী হয় পেৰিচ নগৰত। দক্ষিণ ফ্ৰাঞ্চৰ এজন শিল্পীয়ে তেখেতক এই প্ৰদৰ্শনীৰ বাবে অনুপ্ৰাণিত কৰিছিল। পিছত এই প্ৰদৰ্শনী ইউৰোপৰ নানা স্থানত অনুষ্ঠিত হয়। ৰাজনৈতিক মতাদৰ্শ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰাজনৈতিক মতাদৰ্শত বিভিন্ন প্ৰকাৰৰ দৰ্শনৰ প্ৰভাব পৰিলক্ষিত হয়। তেওঁ ইউৰোপীয় ঔপনিৱেশতাবাদৰ প্ৰতিবাদ কৰিছিল আৰু ভাৰতৰ জাতীয়তাবাদী আন্দোলনকো সমৰ্থন কৰিছিল।। হিন্দু-জাৰ্মান ষড়যন্ত্ৰৰ কথা তেওঁ জানিছিল বুলি প্ৰমাণ পোৱা যায়। ইয়াৰ বাবে সমৰ্থন লাভৰ উদ্দেশ্যে তেওঁ জাপানৰ প্ৰধানমন্ত্ৰী কাউণ্ট তেৰাউচি আৰু প্ৰাগ্তন প্ৰধানমন্ত্ৰী ওকুমাৰ সৈতে আলোচনা কৰিছিল। পিচে, একে সময়তে তেওঁ স্বদেশী আন্দোলনৰ বিৰোধিতা কৰাইছিল তথা ১৯২৫ চনৰ এটা প্ৰবন্ধত এয়াক "চৰকাৰ পাগলামী" আখ্যা দিয়ে। দেশক স্বাধীন কৰাৰ উদ্দেশ্যে তেওঁ অসহযোগ বা সশস্ত্ৰ আন্দোলনৰ পৰিবৰ্তে স্বাৱলম্বিতা আৰু জনগণৰ আত্মিক উন্নতিৰ ওপৰত গুৰুত্ব দিছিল। তেওঁৰ মতে ব্ৰিটিছ ঔপনিবেশিক সাশন অশুভ নহয়, বৰং ই সামাজিক সমস্যাৰ এক ৰাজনৈতীক ৰূপ হে। তেওঁ ভাৰতবাসীক এই শাসন মানি ল'বলৈ আহ্বান জনাই কয়, প্ৰভাৱ বহুতৰ মতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতত প্ৰাচীন আইৰিচ আৰু স্কটিছ সুৰ আৰু ছন্দৰ প্ৰভাৱ বিদ্যমান। উদাহৰণ স্বৰূপে কব পাৰি "পুৰোনো সেই দিনেৰ কথা" গীতটোৰ মূল সুৰ স্কটিছ লোকগীত "অল্ড লেং চাইন"ৰ পৰা লোৱা হৈছে। তদুপৰি তেখেতৰ গীতত বঙ্গীয় বাউল গীত আৰু দক্ষিণ ভাৰতৰ উচ্চাঙ্গ সংগীতৰ প্ৰভাৱ পৰিলক্ষিত হয়। তথ্য সংগ্ৰহ গ্ৰন্থ সংযোগ (1997), 2009-11-26 বাহ্যিক সংযোগ বিশ্লেষণ শব্দ গ্ৰন্থ কথা-বতৰা লেখনী ভাৰতৰ মৃত ভাৰতীয় বঙালী সাহিত্যিক সাহিত্যৰ ন'বেল বঁটা বিজয়ী
38071
https://as.wikipedia.org/wiki/%E0%A7%A8%20%E0%A6%A1%E0%A6%BF%E0%A6%9A%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0
২ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা- ঘটনাৱলী ১৮০৪ নেপোলিয়ন বোনাৰ্পাট ফ্ৰান্সৰ একচ্ছত্ৰী সম্ৰাট হিচাপে পৰিগণিত হয়। ১৯১১ জৰ্জ পঞ্চম আৰু ৰাণী মেৰী ভাৰত ভ্ৰমণ কৰা প্ৰথম ব্ৰিটিছ ৰাজপৰিয়ালৰ সদস্য হিচাপে পৰিগণিত হয়। তেওঁলোকৰ আগমণৰ উদ্দেশ্য বোম্বাইত (বৰ্তমান মুম্বাইত) গেটৱে অৱ ইণ্ডিয়া নিৰ্মাণ কৰা হৈছিল। ১৯৫৫ ফণী শৰ্মা পৰিচালিত আৰু ভূপেন হাজৰিকা প্ৰযোজিত ছাৰ্টিফিকেট অব মেৰিট লাভ কৰা প্ৰথম অসমীয়া ছবি পিয়লী ফুকন বোলছবিয়ে মুক্তি লাভ কৰে। ১৯৫৭ কাশ্মীৰ সংঘাত সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ ১২৬ গৃহীত হয়। কাশ্মীৰ সংঘাত হৈছে কাশ্মীৰ অঞ্চলক লৈ দুখন দেশৰ মাজত হোৱা সংঘাত মুখ্যতঃ ভাৰত আৰু পাকিস্তানৰ মাজত, চীনে তৃতীয় পক্ষৰ ভূমিকা পালন কৰে। ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত এই সংঘাত আৰম্ভ হয় কিয়নো ভাৰত আৰু পাকিস্তান দুয়োপক্ষই পূৰ্বৰ ৰাজকীয় ৰাজ্য জম্মু-কাশ্মীৰ নিজৰ নিজৰ বুলি দাবী কৰিছিল। ১৯৬১ ৰাষ্ট্ৰীয় ভাৱে সম্প্ৰচাৰিত এক ভাষণত কিউবাৰ নেতা ফিদেল কাষ্ট্ৰই ঘোষণা কৰে যে তেওঁ এজন মাৰ্ক্সবাদী-লেনিনবাদী আৰু কিউবাই সাম্যবাদ গ্ৰহণ কৰিব। ১৯৮৮ বেনাজিৰ ভূট্টোৱে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে। যি মুছলমান সংখ্যাগৰিষ্ঠ দেশ এখনৰ চৰকাৰৰ মুৰব্বী হোৱা প্ৰথম গৰাকী মহিলাৰূপে পৰিগণিত হয়। ১৯৮৯ ভাৰতৰ প্ৰধানমন্ত্ৰীৰূপে ৰাজীৱ গান্ধীয়ে দপ্তৰৰ কাৰ্যকাল সামৰিছিল। ১৯৯১ ছোভিয়েট ইউনিয়নৰ পৰা ইউক্ৰেইনৰ স্বাধীনতাক স্বীকৃতি দিয়া কানাডা আৰু পোলেণ্ড প্ৰথম ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়। ২০০১ সংক্ষিপ্ত অসমীয়া বিশ্বকোষৰ প্ৰথম খণ্ড প্ৰকাশিত হয়। জন্ম ১৮৯৮ ইন্দ্ৰ লাল ৰয়, প্ৰথম ভাৰতীয় যুদ্ধ বিমান পাইলট। ৰয়েল ফ্লাইং কৰ্পছ আৰু ইয়াৰ উত্তৰাধিকাৰী ৰয়েল এয়াৰ ফৰ্চত সেৱা আগবঢ়োৱাৰ সময়ত তেওঁ দহটা আকাশী বিজয় দাবী কৰিছিল কিয়নো ১৭০ ঘণ্টাৰ ভিতৰত তেওঁ পাঁচখন বিমান ধ্বংস কৰিছিল (এখন বিমান অন্য এজনৰ সৈতে লগ হৈ ধ্বংস কৰিছিল) আৰু পাঁচখন বিমান নিয়ন্ত্ৰণৰ বাহিৰলৈ লৈ যোৱা হৈছিল (এখন বিমান অন্য এজনৰ সৈতে লগ হৈ নিয়ন্ত্ৰণৰ বাহিৰলৈ নিছিল)। মৃত্যু ২২ জুলাই, ১৯১৮। ১৯১২ বামিৰেড্ডী নাগী ৰেড্ডি চমুকৈ বি নাগী ৰেড্ডি, এজন ভাৰতীয় চলচ্চিত্ৰ, মুখ্যতঃ তেলেগু চলচ্চিত্ৰৰ প্ৰযোজক আৰু পৰিচালক আছিল। তেওঁ চেন্নাইত বিজয়া বাউহিনী ষ্টুডিঅ' স্থাপন কৰে, যি সেইসময়ত এছিয়াৰ আটাইতকৈ ডাঙৰ চলচ্চিত্ৰ ষ্টুডিঅ' আছিল। বি নাগী ৰেড্ডিৰ দ্বাৰা প্ৰযোজিত কেইখনমান চলচ্চিত্ৰৰ ভিতৰত আছে পাতাল ভৈৰৱী (১৯৫১), মিছাম্মা (১৯৫৫), মায়া বজাৰ (১৯৫৭), গুণ্ডাম্মা কথা (১৯৬২), মাদুৱে মদিনোডু (১৯৬৫-কানাড়া), ইঙ্গা ভেতু পিল্লাই (১৯৬৫), ৰাম ঔৰ শ্যাম (১৯৬৭), শ্ৰীমান শ্ৰীমতী (১৯৮২), জুলি (১৯৭৫), আৰু স্বৰ্গ নৰক (১৯৭৮), নাম নাদু (১৯৬৯) ইত্যাদি। ৰেড্ডিয়ে ১৯৬০-৬১ আৰু ১৯৬২-৬৩ চনত দুবাৰকৈ ফিল্ম ফেডাৰেচন অৱ ইণ্ডিয়াৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। ১৯৮৬ চনত ভাৰতীয় চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা লাভ কৰে। মৃত্যু ২৫ ফেব্ৰুৱাৰী, ২০০৪। ১৯৩৭ মনোহৰ যোশী প্ৰকৃত নাম মনোহৰ গজু যোশী। ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এজন বিশিষ্ট ৰাজনীতিবিদ। তেওঁ ১৯৯৫ চনৰ পৰা ১৯৯৯ চনলৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু ২০০২ চনৰ পৰা ২০০৪ চনলৈ লোকসভাৰ অধ্যক্ষ আছিল। তেওঁ শিৱসেনাৰ এজন বিশিষ্ট নেতা। তেওঁ চাৰিখন আইনসভাৰ সকলোলৈ নিৰ্বাচিত হোৱা দ্বিতীয় ভাৰতীয়। ১৯৫৯ বোমান ইৰাণী, এজন ভাৰতীয় অভিনেতা, ফটোগ্ৰাফাৰ আৰু কণ্ঠ শিল্পী যি মুখ্যতঃ হিন্দী চলচ্চিত্ৰত কাম কৰে তেওঁ তামিল, তেলেগু, কানাড়া আৰু মালায়ালম চলচ্চিত্ৰতো কাম কৰিছে। তেওঁ তেওঁৰ কেৰিয়াৰত ১০০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। ১৯৬০ বিজয়লক্ষ্মী ৱেডলাপেটলা, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী, যাৰ জনপ্ৰিয় নাম চিল্ক স্মিতা। ১৯৬০ জগত প্ৰকাশ নাড্ডা চমুকৈ জে পি নাড্ডা, এজন ভাৰতীয় অধিবক্তা আৰু ৰাজনীতিবিদ। তেওঁ জুন ২০১৯ৰ পৰা ২০২০ চনৰ জানুৱাৰীলৈকে বিজেপিৰ কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ২০ জানুৱাৰী ২০২০ৰ পৰা বিজেপিৰ ৰাষ্ট্ৰীয় দলৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ১৯৯১ চানুভান্দা কুশালাপ্পা উথাপ্পা চমুকৈ এছ কে উথাপ্পা, ভাৰতীয় পেছাদাৰী হকী খেলুৱৈ যি ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ বাবে আক্ৰমণকাৰী মিডফিল্ডাৰ হিচাপে আৰু হকী ইণ্ডিয়া লীগত কলিঙ্গ লেন্সাৰ(উৰিষ্যাৰ এটা হকী দল যি হকী ইণ্ডিয়া লীগত খেলে। ই যুটীয়াভাৱে উৰিষ্যা ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগম (আইডিচিঅ') আৰু মহানদী কোলফিল্ড লিমিটেড (এমচিএল)ৰ মালিকানাধীন)ৰ খেলুৱৈ হিচাপে খেলে। এছ কে উথাপ্পাই ২০১২ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰিছিল আৰু তেতিয়াৰ পৰা তেওঁ বৰ্তমানলৈকে ৰাষ্ট্ৰীয় দলৰ হৈ ১০০ তকৈও অধিক গ'ল দিছে। তেওঁ ২০১৬ চনৰ চেম্পিয়নছ ট্ৰফীত ৰূপৰ পদক জয় কৰা দলটোৰ এটা অংশ আছিল। মৃত্যু ১৮৮১ জেনী মাৰ্ক্স, কাৰ্ল মাৰ্ক্সৰ পত্নী। ১৯৯১ বিমল মিত্ৰ, প্ৰসিদ্ধ বঙালী ঔপন্যাসিক। চাহেব বিবি গোলাম তেওঁৰ প্ৰসিদ্ধ উপন্যাস। ২০০৯ শুচিব্ৰতা ৰায়চৌধুৰী, অসমীয়া সাহিত্যিক, কবি আৰু অসম প্ৰশাসনিক সেৱাৰ বিষয়া। অসামৰিক সেৱাৰ বিষয়া হিচাপে অসমৰ প্ৰথম মহিলা ন্যায়িক দণ্ডাধীশ আছিল। তেওঁ ২০০১ চনত সুভিৰা জয়ছোৱালৰ— "ভাৰতত বৈষ্ণৱ ধৰ্মৰ উৎপত্তি আৰু বিকাশ" অনুবাদ কৰাৰ বাবে সাহিত্য অকাডেমি অনুবাদ বঁটা লাভ কৰিছিল। এগৰাকী সমাজকৰ্মী হিচাপে তেওঁ অম্বিকাগিৰি মেম'ৰিয়েল ট্ৰাষ্ট আৰু অন্যান্য প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছিল। তেওঁক দিনবান্ধৱী ("দৰিদ্ৰৰ বন্ধু") হিচাপে সন্মান প্ৰদান কৰা হৈছিল। দিৱস অসম দিৱস বা চুকাফা দিৱস (অসম, ভাৰত)। সমগ্ৰ ১৯৮৭ চনৰ পৰা অসমবাসীয়ে অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰি আহিছে। ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ দিৱস(ভাৰত)। প্ৰদূষণ আৰু ইয়াৰ বিপদজনক প্ৰভাৱৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ ২ ডিচেম্বৰ ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ দিৱস হিচাপে পালন কৰা হয়। ভূপাল গেছ দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকসকলৰ স্মৃতি মনত ৰাখিবলৈ এই দিনটো উদযাপন কৰা হয় যাক আটাইতকৈ ডাঙৰ ঔদ্যোগিক দুৰ্যোগ হিচাপে গণ্য কৰা হয়। সশস্ত্ৰ বাহিনী দিৱস (কিউবা)। ৰাষ্ট্ৰীয় দিৱস (সংযুক্ত আৰৱ আমিৰাত)। বাহ্যিক সংযোগ বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা দ্য নিউয়ৰ্ক এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য
33406
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A7%8B%E0%A6%B9%E0%A6%BF%E0%A6%A4%20%E0%A6%9A%E0%A7%8C%E0%A6%B9%E0%A6%BE%E0%A6%A8
মোহিত চৌহান
মোহিত চৌহান ৰোমাণ্টিক মালিতাসমূহৰ বাবে বিশেষভাৱে জনাজাত এক ভাৰতীয় নেপথ্য কণ্ঠশিল্পী৷ তেওঁ অন্যান্য পুৰস্কাৰসমূহৰ লগতে দুবাৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। প্ৰাৰম্ভিক জীৱন হিমাচল প্ৰদেশৰ ছিৰম’ৰ জিলাৰ নাহান চহৰত চৌহানৰ জন্ম হয়। তেওঁৰ মাতা-পিতা আছিল কৃষ্ণা ৰাণা আৰু বি.কে ৰাণা৷ তেওঁ হিন্দী আৰু পাহাৰী দুয়োটা ভাষা স্পষ্টকৈ ক’ব পাৰে। তেওঁ প্ৰথমতে দিল্লীৰ ছেইণ্ট জেভিয়াৰ্ছ স্কুলত শিক্ষা গ্ৰহণ কৰে যদিও শিক্ষা সমাপ্ত কৰিবলৈ পুনৰ হিমাচল প্ৰদেশলৈ যায়। তেওঁ হিমাচলৰ ধৰমশালা মহাবিদ্যালয়ৰ পৰা ভূতত্ত্ববিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। সংগীতৰ কোনো আনুস্থানিক শিক্ষা গ্ৰহণ নকৰা চৌহানে গীত গাবলৈ আৰু গীটাৰ, হাৰমনিকা আৰু বাঁহী বজাবলৈ শিকে। হিমাচলত শিক্ষা সমাপ্ত কৰি তেওঁ মুম্বাইলৈ আহে আৰু সহপাঠী কেম ত্ৰিৱেদীৰ সৈতে ১৯৯৬ চনত "ছিল্ক ৰুট" নামৰ বেণ্ড এটা গঠন কৰে। ভাৰতীয় পপ শৈলীত তেওঁ অৰ্পিত গুপ্তাৰ সৈতে ছিল্ক ৰুট বেণ্ডৰ হৈ গান গাবলৈ আৰম্ভ কৰে আৰু বুণ্ডে (১৯৯৮) আৰু পেহচান নামৰ দুটা এলবাম মুকলি কৰে। ইয়াৰে “ডুবা ডুবা” গীতটি জনপ্ৰিয় হয়। কিন্তু এই বেণ্ডটি ভাঙি যায়। কিছুদিন তেওঁ সংগীত জগতৰ পৰা আঁতৰি থাকি ২০০৫ চনত “ম্যে, মেৰী পত্নী অ’ৰ ৱহ” ছবিৰ “গুনছা” গীতটিৰে পুনৰ উভতি আহে। তেওঁৰ গায়নশৈলীৰ দ্বাৰা আকৃষ্ট হৈ এ.আৰ. ৰহমানে তেওঁক “ৰং দে বসন্তী” ছবিত গাবলৈ সুযোগ দিয়ে। ২০০৭ চনত সংগীত পৰিচালক প্ৰীতমে তেওঁক “জব ৱী মেট” ছবিৰ “তুম চে হি” গীতটি গোৱাৰ সুযোগ দিয়ে আৰু ইয়াৰ পিছৰ পৰা চৌহানৰ সফলতাৰ যাত্ৰা আৰম্ভ হয়। বিবাহ ২০১২ চনৰ ২৯ জুনত হিমাচল প্ৰদেশৰ চোলানত চৌহান দিল্লীৰ সাংবাদিক প্ৰাৰ্থনা গেহলোটৰ লগত বিবাহপাশত আৱদ্ধ হয়৷ উত্তৰাখণ্ডৰ ডেৰাডুনত জন্ম লাভ কৰা চৌহানৰ পত্নীয়ে এখন ইংৰাজী আলোচনীত কাম কৰে। পেচাদাৰী জীৱন “ছিল্ক ৰুট”ৰ এলবাম “বুন্দে”ৰ “ডুবা ডুবা” গীতটিৰে মোহিত চৌহানে প্ৰথম সফলতাৰ মুখ দেখে। এলবামৰ তালিকাত ই প্ৰথম স্থান দখল কৰে। বুন্দেত হিন্দী, ইংৰাজী আৰু পাহাৰী ভাষাৰ গীত আছিল। এই বেণ্ডটোৱে ১৯৯৮ চনৰ “চেনেল ভি এৱাৰ্ডছ”ত বহুকেইটা বঁটা লাভ কৰে৷ ২০০৫ চনৰ ছবি "ম্যে, মেৰী পত্নী... অৰ ৱহ!" ছবিৰ “গুনছা কোই” গীতটিৰে বলীউদত তেওঁৰ জীৱন আৰম্ভ হয়। এ আৰ ৰহমানৰ সংগীতেৰে "ৰং দে বসন্তী" আৰু “দিল্লী-৬”ৰ “মাচাকলি” আৰু "খুন চলা" তথা প্ৰীতমৰ সংগীতেৰে জব ৱী মেটৰ “তুম চে হি” আদি গীতৰ জৰিয়তে চৌহানে প্ৰচূৰ সফলতা লাভ কৰে। তেওঁৰ কণ্ঠৰ পৰৱৰ্তী জনপ্ৰিয় গীতবোৰ হ’ল নিউয়ৰ্ক ছবিৰ “তু নে জো না কহা”,লভ আজ কলৰ “য়ে দূৰীয়া” আৰু কমিনেৰ “পেহলী বাৰ মোহব্বত কি হে”। "মাচাকলি" গীতটিৰ বাবে তেওঁ ২০১০ চনত শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে৷ ইয়াৰ উপৰিও প্ৰীতমৰ সংগীত পৰিচালনাত তেওঁ “ৰাজনীতি” আৰু “ৱান্স আপন এ টাইম ইন মুম্বাই” ছবিৰ “ভীগি চি” আৰু “পী লু” শীৰ্ষক চুপাৰহিত গীত দুটিতো কণ্ঠদান কৰে। তেওঁ গোৱা “অনজানা অনজানী” আৰু “তনু ৱেদছ মনু” ছবিৰ “তুঝে ভুলা দিয়া” আৰু “য়ু হি” গীত দুটিও যথেষ্ট সফল হয়। “ৰকষ্টাৰ” ছবিত তেওঁ গোৱা গীতসমূহে আকাশলঙ্ঘী সফলতা লাভ কৰে। “সেদিন দেখা হয়েচিলো” আৰু “পগলু” ছবিত তেওঁ প্ৰথম আৰু দ্বিতীয় বঙালী গীতদুটি গায়। "থ্ৰী" (3) ছবিত তেওঁ “পো নী পো” শীৰ্ষক প্ৰথম তামিল গীতটিত কণ্ঠদান কৰে। ছবিৰ বাহিৰেও তেওঁ বিভিন্ন বিজ্ঞাপন যেনে এলপেনলিবে, পেৰাচ্যুট, হ্বীল, নেছকেফে, হিপ্পো মান্সিছ, ভিক্স ভেপৰ ৰাব, এলকেমিষ্ট, মাৰুতি ছুজুকী অল্টো আদিত কণ্ঠদান কৰে। ২০১১ৰ ষ্টাৰ পৰিবাৰ এৱাৰ্ডৰ শীৰ্ষ সংগীততো তেওঁ কণ্ঠদান কৰে। ২০০৭ত তেওঁ নাইন এক্সৰ সংগীত ৰিয়েলিটি শ্বো “মিশ্যন উস্তাদ”ত অংশগ্ৰহণ কৰে। তদুপৰি ষ্টাৰ প্লাছৰ ‘’’মিউজিক কা মহা মুকাবলাতো’’’ তেওঁ ভাগ লয়। তেওঁ বিভিন্ন কলেজসমূহত হোৱা সৱ যেনে ২০১৩ চনৰ ফেব্ৰুৱাৰী মাহত আই আই টি গুৱাহাটীৰ বছৰেকীয়া সাংস্কৃতিক অনুষ্ঠান এলচেৰিংগাৰ ক্ৰেচেণ্ডো নাইট, ২০০১ চনত আই আই টী খড়গপুৰৰ সাংস্কৃতিক সন্ধিয়া আৰু ২০০৯ চনত আই আই টী বোম্বে আদিত তেওঁ সংগীত পৰিবেশন কৰে। ২০১১চনত তেওঁ “মায়া” গীতটিৰ বাবে “দ্য দিৱাৰিষ্ট”ৰ তৃতীয় খণ্ডত “ইণ্ডিয়ান অচেন” বেণ্ডৰ লগত লগ হয়। সেই বছৰতে তেওঁক এমটিভি আনপ্লাগ (ইণ্ডিয়া) তো দেখা যায়। কৰ্মৰাজি এলবাম বুন্দে;– ছিল্ক ৰুট বেণ্ড প্ৰযোজক এছ এছ জচৱাল (১৯৯৮) পেহচান;– ছিল্ক ৰুট বেণ্ড (২০০০) কালাম;– ড° এ পি জে আব্দুল কালামৰ কবিতা (২০০৮) চৰ উথা কে জিয়ো;–এইচডিএফছি লাইফৰ বাবে নিৰ্মিত (২০০৮) ফিতুৰ’';– প্ৰথম একক এলবাম (২০০৯);– আও চাই” (২০১১) (ভজন এলবাম) (তেওঁ এটা গীত গায়) মায়া মায়া ৰে” (ইণ্ডিয়ান অ’চেন আৰু মোহিত চোহান) দৰ্মিয়া” চলচ্চিত্ৰপঞ্জী ৰোড (২০০২) ম্যে,মাধুৰী দীক্ষিত বননা চাহতী হু (২০০৩) অধৰ্ম (২০০৩) লেট্ছ এনজয় (২০০৪) ম্যে, মেৰী পত্নী অ’ৰ ৱহ (২০০৫) ৰং দে বসন্তী (২০০৬) জব ৱী মেট' (২০০৭) কিস্মত কানেকশ্যন (২০০৮) আগলী অ’ৰ পাগলী (২০০৮) ৱেলকাম টু সজ্জন্পুৰ (২০০৮) ফেশ্বন (২০০৮) ইএমআই (২০০) বিৰুগালি (২০০৯) (কানাৰা) দিল্লী-6' (২০০৯) 8 10 তসৱীৰ (২০০৯) লেট্ছ ডান্স' (২০০৯) নিউ য়ৰ্ক (২০০৯) ছিকন্দৰ (২০০৯) লভ আজ কল (২০০৯) কমিনে (২০০৯) তুম মিলে (২০০৯) ক্ৰুক (২০১০) ৱেল ডান আব্বা (২০১০) বদমাশ কোম্পানী (২০১০) ৰাজনীতি (২০১০) ৱান্স আপন এ টাইম ইন মুম্বাই (২০১০) লফংগে পৰিন্দে (২০১০) আশায়ে (২০১০) অনজানা অনজানী (২০১০) ডম মাৰো ডম (২০১১) দিল তো বচ্চা হে জী (২০১১) ৰকষ্টাৰ (২০১১) পাচ নাৰ এক বেজাৰ(২০১১) প্লেয়াৰ্ছ' (২০১১) জিন্দেগী না মিলেগী দোবাৰা (২০১১) "থ্ৰী" (3) (২০১২) অজব গজব লভ (২০১২) গলি গলি চোৰ হে' (২০১২) তেৰে নাল লভ হো গয়া (২০১২) জন্নত 2 (২০১২) তেজ(২০১২) বোল বচ্চন(২০১২) য়ে জো মোহব্বত হে(২০১২) এক থা টাইগাৰ(২০১২) শ্বিৰি ফাৰহাদ কি তো নিকল পৰি (২০১২) বৰ্ফি! (২০১২) আধি ভগৱান (২০১২) জব তক হে জান (২০১২) এথিৰ নীচল (২০১২) পগলু লে হাৱা লে মত্ৰু কি বিজলী কা মন্দোলা (২০১৩) এবিছিদি(২০১৩) জিলা গাজিয়াবাদ'(২০১৩) চুলতান (২০১৬) বঁটা অন্যান্য পুৰস্কাৰ আৰু সন্মান ২০১১: আৰএমআইএম পুৰস্কাৰ;— বছৰটোৰ পুৰুষ কণ্ঠশিল্পী তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ভাৰতীয় কণ্ঠশিল্পী জীৱিত ব্যক্তি ফিল্মফেয়াৰ বঁটা
38450
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A7%81%E0%A6%A3%E0%A7%81%20%E0%A6%A6%E0%A7%87%E0%A7%B1%E0%A7%80
ৰুণু দেৱী
ৰুণু দেৱী হ’ল অসমৰ চলচ্চিত্ৰ আৰু মঞ্চজগতৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী। সংগ্ৰাম লগ্নে আজি নামৰ একাংকিকা নাট এখনৰ জৰিয়তে শিশু অৱস্থাতে অভিনয় জীৱনৰ পাতনি মেলা দেৱীয়ে পঞ্চাশৰো অধিক মঞ্চ নাট,ষাঠিৰো অধিক অনাতাঁৰ নাট,সন্ধ্যাৰাগ,কোলাহল,মেঘমুক্তি আদি উচ্চ প্ৰশংসিত অসমীয়া চলচ্চিত্ৰ আৰু বিভিন্ন ধৰাবাহিকত অভিনয় কৰাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰটো অভিনয় কৰিছে। ইয়াৰে কোলাহল ছবিৰ বাবে দেৱীয়ে অসম চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰী আৰু হেঙুল থিয়েটাৰৰ ‘গডমাদাৰ”ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠা অভিনেত্ৰীৰ মুনলাইট মিডিয়া বঁটা লাভ কৰে। জন্ম আৰু শিক্ষাগ্ৰহণ ১৯৫৭ চনৰ ২১ ছেপ্তেম্বৰত গুৱাহাটীত ৰুণু দেৱীৰ জন্ম হয়। তেওঁৰ দেউতাক আছিল ভোলানাথ শৰ্মা আৰু মাক কিৰণ বালা দেৱী। পিতৃৰ চাকৰি সূত্ৰে গুৱাহাটীত জন্ম হ’লেও দেৱীৰ শৈশৱ্কাল প্ৰথমতে ডিব্ৰুগড়,তাৰ পিছত গোৱালপাৰা,তাৰ পিছত তিনিচুকীয়া আৰু শেষত নামৰূপত অতিবাহিত হয়। নামৰূপৰ অসম ৰাজ্যিক বিদ্যুত পৰিষদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা দেৱীয়ে মেট্ৰিক পৰীক্ষা পাছ কৰে। পিছলৈ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্ৰীৰ শিক্ষা গ্ৰহণ কৰে। অভিনয় জীৱন মঞ্চজগত পিতৃ চাকৰি সূত্ৰে গোৱালপাৰাত থাকোঁতে ‘’সংগ্ৰাম লগ্নে আজি’’ নামৰ একাংকিকা নাট এখনত প্ৰথমবাৰৰ বাবে অভিনয় কৰি দেৱীয়ে শ্ৰেষ্ঠ শিশু শিল্পীৰ পুৰস্কাৰ লাভ কৰে। নামৰূপলৈ অহাৰ পিছত দেৱীয়ে অসমৰ সাংস্কৃতিক জীৱনৰ প্ৰখ্যাত ব্যক্তি কিছুমানক লগ পাই আৰু অভিনয় জগতৰ লগত ওতপ্ৰোত ভাৱে জড়িত হৈ পৰে। সেই সময়তে শম্ভু গুপ্তাৰ স্তব্ধবিহংগ(১৯৭১) আৰু সেন্দূৰৰ ৰং মাধুৰ্য(১৯৭২) নাটকত অভিনয় কৰি তেওঁ সদৌ অসম ভিত্তিত শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰে। সন্দিকৈ কলেজত নাম ভৰ্তি কৰাৰ পিছত দেৱীয়ে এক বহল সাংস্কৃতিক ক্ষেত্ৰৰ লগত নিজকে জড়িত কৰাৰ সুযোগ পাই আৰু আৱৰণ,শিপা,আথেল’ আদি নাটত অভিনয় কৰে। অগ্নিপৰীক্ষা নামৰ নাটখনৰ পূৰ্ব নিৰ্ধাৰিত অভিনেত্ৰী গৰাকী হঠাত অসুস্থ হৈ পৰাত দেৱীয়ে নামমাত্ৰ অনুশীলনেৰে নাটকখনত অভিনয় কৰে আৰু প্ৰশংসা লাভ কৰে। ১৯৭৬ চনত ৰবীন্দ্ৰ ভৱনত অৰুণ শৰ্মাৰ আহাৰ নাটখনত একেলগে পাঁচটা চৰিত্ৰত অভিনয় কৰি দেৱীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ১৯৯৮ চনত মেক্সিম গৰ্কীৰ মাদাৰ উপন্যাসৰ আধাৰত নিৰ্মিত অৰুণ শৰ্মাৰ মা ত তেওঁৰ অভিনয় বহুলভাৱে সমাদৃত হয়। কথাছবি ১৯৭৫ চনত ইন্দুকল্প হাজৰিকাৰ নিয়তি কথাছবিৰ জৰিয়তে ৰুণু দেৱীয়ে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। তাৰ পিছত তেওঁ ভবেন্দ্ৰ নাথ শইকীয়াৰ সন্ধ্যাৰাগত অভিনয় কৰে। অনিৰ্বাণ,অপৰূপা,মেঘ,মেঘমুক্তি আদিত অভিনয় কৰাৰ পিছত দেৱীয়ে বহাগৰ দুপৰীয়াত আগৰ চৰিত্ৰসমূহৰ সম্পূৰ্ণ বিপৰীত এক চৰিত্ৰত অভিনয় কৰি প্ৰশংসিত হয়। ১৯৮৮ চনত দেৱীয়ে এন্দুৰ গল্পৰ আধাৰত ভবেন্দ্ৰ নাথ শইকীয়া নিৰ্মিত কোলাহলত অভিনয় কৰে। এই অভিনয়ৰ বাবে দেৱীয়ে ৰাষ্ট্ৰীয় বঁটাৰ বাবে বাছনিত উঠে যদিও পিছলৈ পৰাজিত হয়। লণ্ডনৰ দ্য গাৰ্ডিয়ান কাকতত চলচ্চিত্ৰ সমালোচক ডেৰেক মেলেকমে এই অভিনয়ৰ প্ৰশংসা কৰে। ইয়াৰ পিছত দেৱীয়ে লাজ,কইনা মোৰ ধুনীয়া,কদম তলে কৃষ্ণ নাচে আদি ছবিত অভিনয় কৰে। ভ্ৰাম্যমাণ ১৯৮২-৮৩ চনত কহিনুৰ থিয়েটাৰৰ ক্লিঅ’পেট্ৰা নাটৰ জৰিয়তে দেৱীৰ ভ্ৰাম্যমাণ প্ৰৱেশ ঘটে। এই নাটৰ নাম ভূমিকাত দেৱীৰ অভিনয় প্ৰশংসিত হয়। ইয়াৰ পিছত দেৱীয়ে গডমাদাৰ,জয় পৰাজায়,গোসাঁই থানৰ চাকি আদি নাটত অভিনয় কৰে। অনাতাঁৰ নাট দেৱীয়ে ৰাষ্ট্ৰীয় পৰ্যায়্ত মালিয়া,অনুতৰিত প্ৰশ্ন,হয় বদন,বাঘ আদি আৰু আঞ্চলিক পৰাজয়ত এজন মানুহৰ জন্ম,যযাতি,ভোগজৰা,পৰিচয় আদি ৬০ ৰো অধিক নাটকত অভিনয় কৰিছে। সাংসাৰিক জীৱন ১৯৮৫ চনত অঞ্জন ঠাকুৰৰ সৈতে ৰুণু দেৱী বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ স্নেহা দেৱী নামৰ এক কন্যা আৰু অম্বৰীশ ঠাকুৰ নামৰ এক পুত্ৰ সন্তান আছে। সামাজিক কাম-কাজ ৰুণু দেৱী এগৰাকী অভিনেত্ৰী হোৱাৰ উপৰিও কণ্ঠশিল্পী আৰু নৃত্যশিল্পী হিচাপেও পৰিচিত। ২০০৬ চনত দেৱীয়ে প্ৰজ্ঞাঞ্জলী নামৰ এক সামাজিক-সাংস্কৃতিক অনুষ্ঠান গঠন কৰে যাৰ জৰিয়তে বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য বঁটা আৰু সন্মান অসম চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠা অভিনেত্ৰীৰ পুৰস্কাৰ (কোলাহল),১৯৮৯ অসম চিনে আৰ্টছ ছ’চাইটিৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠা অভিনেত্ৰীৰ পুৰস্কাৰ,১৯৯৫ শ্ৰেষ্ঠা অভিনেত্ৰীৰ মুনলাইট মিডিয়া বঁটা (হেঙুল থিয়েটাৰৰ ‘গডমাদাৰ”),২০০১ জ্যোতিৰূপাৰ শ্ৰেষ্ঠা সহঃ-অভিনেত্ৰীৰ বঁটা(কদম তলে কৃষ্ণ নাচে),২০০৫ তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ফেছবুক সংযোগ অসমীয়া চলচ্চিত্ৰৰ
2230
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%97%E0%A6%BE%E0%A6%81%E0%A6%93%20%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE
নগাঁও জিলা
নগাঁও হৈছে ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ এখন জিলা৷ নগাঁৱৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদী, শোণিতপুৰ জিলা, দক্ষিণে হোজাই, ডিমা হাছাও জিলা, পূবে গোলাঘাট আৰু কাৰ্বি আংলং জিলা আৰু পশ্চিমে মৰিগাঁও জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলা। নগাঁও জিলা সাৰুৱা সমভূমি আৰু অৰণ্যানিৰে সমৃদ্ধ৷ জিলাখনৰ জলবায়ু সেমেকা আৰু আদ্ৰ৷ জিলাখনত ঠায়ে-ঠায়ে আৰু সীমামূৰীয়া অঞ্চলসমূহত বিল আৰু জলাহভূমি দেখিবলৈ পোৱা যায়৷ জিলাখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত৷ নানা তৰহৰ পশু-পক্ষী, বহুধাবিভক্ত জাতি-জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ সমাৱেশে নগাঁও জিলাক বিবিধতা প্ৰদান কৰিছে৷ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাতা, বৰগীত, অঙ্কীয়া নাট আদিৰ স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পঞ্চদশ শতিকাত নগাঁৱৰে বৰদোৱাৰ অন্তৰ্গত আলিপুখুৰী নামৰ ঠাইত জন্মগ্ৰহণ কৰিছিল৷ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত, ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থানপ্ৰাপ্ত ভাৰতৰ অন্যতম ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ কিছু অংশ নগাঁৱতে অন্তৰ্ভুক্ত হৈছে৷ ইয়াৰোপৰি লাওখোৱা অভয়াৰণ্য, চাপানালা জলপ্ৰপাত নগাঁও জিলাৰ অন্তৰ্ভুক্ত৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি নগাঁৱৰ মুঠ জনসংখ্যা ১৮,৯২, ৫৫০৷ ২০১৫ চনৰ ১৫ আগষ্টত অসম চৰকাৰে হোজাইক এখন নতুন জিলাৰ মৰ্যাদা দিয়ে৷ পূৰ্বতে হোজাই নগাঁৱৰ মহকুমা আছিল৷ বৰ্তমান নগাঁৱৰ মহকুমা দুটা৷ নগাঁও আৰু কলিয়াবৰ৷ ইতিহাস কছাৰীসকলৰ শাসন কালিকা পুৰাণৰ মতে, অসুৰবংশীয় মহাপৰাক্ৰমী ৰজা নৰকাসুৰ কামৰূপলৈ আহে আৰু স্থানীয় কিৰাত ৰজাক পৰাভূত কৰি প্ৰাগজ্যোতিষপুৰ ৰাজ্য গঠন কৰে৷ সেইয়া খ্ৰীষ্টপূৰ্ব ৩০০০ চনমানৰ ঘটনা৷ ৰজা নৰকাসুৰৰ দিনতে নগাঁৱৰ কপিলী উপত্যকাত ত্ৰিপুৰা জাতিৰ ৰাজ্য আছিল৷ পাছত কছাৰীসকলৰ লগত যুঁজত হাৰি ত্ৰিপুৰা ৰজাই কপিলীৰ পৰা প্ৰস্থান কৰি বৰ্তমানৰ ডিমা হাছাও জিলাৰ মাইবঙত বসতি পাতেগৈ৷ তেতিয়াই কপিলী উপত্যকা কছাৰীসকলৰ অধীন হয়৷ ইয়াৰ পৰৱৰ্তী বহুবছৰৰ নগাঁৱৰ বুৰঞ্জীৰ তথ্য পাবলৈ নাই৷ বৰ্মন বংশৰ শাসনকালত খ্ৰীষ্টপূৰ্ব ৩৫০ চনমানত পুষ্য বৰ্মা নামৰ বীৰ এজনে নৰকাসুৰৰ বংশৰ বুলি পৰিচয় দি কামৰূপৰ সিংহাসন অধিকাৰ কৰে৷ নগাঁও জিলাৰ উত্তৰ-পশ্চিম অঞ্চল তেতিয়া এইজন ৰজাৰ অধীনলৈ আহে৷ প্ৰায় নৱম-একাদশ শতিকাত ঠাইখণ্ডলৈ পাল বা যোগী সম্প্ৰদায়ৰ লোকসকল নগাঁৱলৈ আহে৷ ভূঞাসকলৰ আগমন, আহোমৰ শাসনকাল আৰু নগাঁৱৰ নিৰ্মাণ পাল বংশৰ পাছত নগাঁৱৰ দক্ষিণ-পূব অংশত কছাৰী আৰু উত্তৰ-পশ্চিমাংশত ভূঞাসকলৰ বিস্তৃতি দেখিবলৈ পোৱা যায়৷ সপ্তদশ শতিকাৰ আগভাগত আহোমসকলে কছাৰী আৰু ভূঞাসকলক পৰাভূত কৰি নগাঁও জিলা নিজৰ অধীনলৈ আনে৷ এই যুদ্ধত স্থানীয় বাসিন্দাসকলে সমীপৱৰ্তী বিভিন্ন ঠাইলৈ গমন কৰে৷ ভালেমানদিনলৈকে ঠাইখণ্ড জনশূন্য হৈ আছিল৷ ১৬০৩ চনত প্ৰতাপ সিংহই আহোমৰ শাসনভাৰ চম্ভালে৷ তেওঁৰ দিনতেই ৰাজবিষয়া মোমাই তামূলী বৰবৰুৱাই কলং আৰু কপিলী নদীৰ পাৰত নতুনকৈ গাঁও স্থাপন কৰে আৰু মানুহ থকাৰ উপযোগী কৰি তোলে৷ ইয়াত নতুনকৈ মানুহো বহুউৱা হয়৷ ১৬১১ চনত নগাঁও নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু ১৭২১-১৭২২ চনমানত সমাপ্ত হয়৷ নতুনকৈ পতা গাঁও বাবে ঠাইখণ্ডৰ নাম হয়গৈ-নগাঁও৷ ঊনৈশ শতিকাৰ নগাঁও ১৮২৬ চনলৈকে নগাঁওখন মানৰ অধীনত আছিল৷ ইয়াণ্ডাবু সন্ধিৰ কাৰ্যকৰীকণৰ পাছত নগাঁও ব্ৰিটিছৰ অধীনলৈ আহে৷ ১৮৩২ চনত নগাঁৱক পৃথক প্ৰশাসনিক গোট হিচাপে চিহ্নিত কৰা হয়৷ অৱশ্যে কলং নদীৰ পাৰত থকা বৰ্তমানৰ নগাঁও চহৰত ব্ৰিটিছসকলে খোপনি পোতালৈকে দুটামান বছৰ প্ৰয়োজন হৈছিল৷ নগাঁৱৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ক প্ৰথমাৱস্থাত খাগৰিজান বুলি জনা গৈছিল৷ ১৮৯৩ চনত চহৰখন পৌৰনগৰীৰ ৰূপ পায়৷ পূৰ্বতে খাগৰিজান আৰু পাছলৈ পুৰণিগুদামত নগাঁৱৰ মুখ্য কাৰ্যালয় স্থাপিত হৈছিল৷ অঞ্চলটোত মাজেৰে উত্তৰ-পূব দিশৰ পৰা দক্ষিণ-পশ্চিম দিশলৈকে এটা খাল আছিল৷ খালটোৰ চৌপাশ খাগৰিৰে উপচি আছিল বাবে ঠাইখণ্ডক খাগৰিজান বুলি কোৱা হৈছিল৷ ১৮৩৩ চনত নগাঁও জিলাৰ সদৰ ঠাই আছিল পুৰণিগুদামত৷ ১৮৩৫ চনত নগাঁও জিলাৰ সদৰ ঠাই আছিল ৰঙাগড়াত৷ আৰু ১৮৩৯ চনত বৰ্তমানৰ নগাঁও চহৰত নগাঁৱৰ সদৰ ঠাই স্থাপন কৰা হয়৷ ভাষা অসমীয়া হ'ল প্ৰধান ভাষা। ইয়াৰ উপৰিও হিন্দী,নেপালী,কাৰ্বি,বড়ো,উৰ্দু,আৰবী আদি ভাষাৰো প্ৰচলন আছে। জন গাঁথনি ২০১১ চনৰ লোকপিয়ল অনুসৰি ২৮,২৬,০০৬ জন। পুৰুষ সংখ্যা ১৪,৪০,৩০৭জন আৰু মহিলাৰ সংখ্যা ১৩,৮৫,৬৯৯ গৰাকী। মহিলাৰ সংখ্যা প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৬২ জনী। স্বাক্ষৰতাৰ হাৰ ৭২.৩৭%। পুৰুষ শিক্ষিত ৭৬.৫১% আৰু মহিলাৰ শিক্ষিত হাৰ ৬৮.০৭%। শিশু জনসংখ্যাৰ হাৰ (০-৬ বছৰৰ ভিতৰৰ) ১৬.২৯% ল'ৰা শিশু (০-৬ বছৰৰ ভিতৰৰ) ১৬.২৭% ছোৱালী শিশু (০-৬ বছৰৰ ভিতৰৰ) ১৬.৩০%। প্ৰশাসনিক গাঁথনি মহকুমা নগাঁও জিলাৰ মহকুমা দুটা হৈছে- নগাঁও আৰু কলিয়াবৰ। বিধানসভা আৰু লোকসভাৰ সমষ্টি ইয়াৰ বিধানসভা সমষ্টি সমূহ হ'ল- ৮২ ৰহা, ৮৩ ধিং, ৮৪ বটদ্ৰৱা, ৮৫ ৰূপহীহাট, ৮৬ নগাঁও, ৮৭ বঢ়মপুৰ, ৮৮ চামগুৰি, ৮৯ কলিয়াবৰ, আনহাতে লোকসভা সমষ্টি হ'ল-নগাঁও আৰু কলিয়াবৰ। উন্নয়ন খণ্ড নগাঁও জিলাৰ তেৰখন উন্নয়ন-খণ্ড আছে৷ সেইসমূহ হৈছে- বাজিয়াগাঁও, বটদ্ৰৱা, বঢ়মপুৰ, দলংঘাট, জুৰীয়া, কলিয়াবৰ, পশ্চিম কলিয়াবৰ, কঠীয়াতলি, খাগৰিজান, ৰূপহীহাট, পাখিমৰীয়া, ৰহা, লাওঁখোৱা ৷ পৌৰসভা নগাঁৱৰ পৌৰসভা কেইখন হৈছে নগাঁও পৌৰসভা, কামপুৰ পৌৰসভা, ৰহা পৌৰসভা, আৰু ধিং পৌৰসভা ৷ ৰাজহ চক্ৰ নগাঁও জিলাৰ অন্তৰ্গত সাতখন ৰাজহ চক্ৰ আছে৷ সেইকেইখন হৈছে- নগাঁও ৰহা কামপুৰ ধিং ৰূপহী চামগুৰি কলিয়াবৰ যাতায়ত ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ ৰেল আস্থান হয়বৰগাঁও, নগাঁও, চাপৰমুখ, কামপুৰ, শিলঘাট,ৰহা উল্লেখযোগ্য ব্যক্তি শ্ৰীমন্ত শংকৰদেৱ লক্ষ্মীনাথ বেজবৰুৱা গোপীনাথ বৰদলৈ নৱকান্ত বৰুৱা দেৱকান্ত বৰুৱা ৰুদ্ৰ বৰুৱা যজ্ঞেশ্বৰ শৰ্মা সূৰ্যকুমাৰ ভূঞা বিৰিঞ্চি কুমাৰ বৰুৱা ভোলানাথ বৰুৱা ড॰ ভবেন্দ্ৰ নাথ শইকীয়া মহিম বৰা খগেন মহন্ত পাৰবিন চুলতানা ড॰লক্ষ্মীনন্দন বৰা প্ৰফুল্ল কুমাৰ মহন্ত উচমান আলী সদাগৰ বদৰুদ্দিন আজমল ৰাজেন গোঁহাই মুকুট শৰ্মা গুণীন হাজৰীকা দিগেন বৰা ৰকিবুল হুছেন যতীন বৰা উল্লেখযোগ্য স্থানসমূহ বৰদোৱা: ১৪৪৯ চনত বৰদোৱা আলিপুখুৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়। মহাপুৰুষ শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতিৰ নিৰ্মাতা। তেওঁ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-একত্ৰিত কৰিছিল। শিলঘাট: কামাখ্যা মন্দিৰ বা কেঁচাইখাটী গোঁসানী মন্দিৰ শ্ৰী শ্ৰী মাধৱ থান কন্দলি বাদুলি খুৰুং এটা প্ৰবাদ মতে এসময়ত এই বাদুলি খুৰুঙত এখন নাৰী ৰাজ্য আছিল। ইয়াত গুপ্তচৰৰ পৰা আদি কৰি সৈন্যবাহিনীলৈকে সকলোতে নাৰীয়েই বিষয়বাব লৈ আছিল। পুৰুষৰ প্ৰৱেশ আছিল নিষিদ্ধ। হাটবৰ ভঁড়ালী নামঘৰ কলিয়াভোমোৰা কলিয়াভোমোৰা সেতু চাপানলা চম্পাৱতী কুণ্ড নভঙ্গা চামুণ্ডা মন্দিৰ শিক্ষানুষ্ঠান বিশ্ববিদ্যালয় মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয় মহাবিদ্যালয় নগাঁও মহাবিদ্যালয় নগাঁও আইন মহাবিদ্যালয় নগাঁও ছোৱালী মহাবিদ্যালয় নগাঁও শিক্ষণ মহাবিদ্যালয় আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয় জুৰীয়া মহাবিদ্যালয় ননৈ মহাবিদ্যালয় গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয় মীন মহাবিদ্যালয় হোমিওপেথিক মহাবিদ্যালয় ধিং মহাবিদ্যালয় ৰূপহী মহাবিদ্যালয় কলিয়াবৰ মহাবিদ্যালয় ড॰বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় খাগৰিজান মহাবিদ্যালয় কামপুৰ মহাবিদ্যালয় ৰহা মহাবিদ্যালয় কনিষ্ঠ মহাবিদ্যালয় ৰেনেঁছা কনিষ্ঠ মহাবিদ্যালয় শঙ্কৰদেৱ কনিষ্ঠ মহাবিদ্যালয় মাধৱদেৱ কনিষ্ঠ মহাবিদ্যালয় ফা বিটা কনিষ্ঠ মহাবিদ্যালয় কলংপাৰ বিদ্যাপীঠ কনিষ্ঠ মহাবিদ্যালয় মেট্ৰিক্স কনিষ্ঠ মহাবিদ্যালয় ৰামাণুজন কনিষ্ঠ মহাবিদ্যালয় কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয় কনিষ্ঠ বিজ্ঞান মহাবিদ্যালয় চি ভি ৰমন কনিষ্ঠ মহাবিদ্যালয় এন এ চি কনিষ্ঠ মহাবিদ্যালয় জুৰীয়া কনিষ্ঠ মহাবিদ্যালয় মডাৰ্ণ কনিষ্ঠ মহাবিদ্যালয় ছবি-ভঁৰাল তথ্য সংগ্ৰহ অসমৰ
55358
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0%20%E0%A6%AE%E0%A6%BE%E0%A6%9B%20%E0%A6%A7%E0%A7%B0%E0%A6%BE%20%E0%A6%B8%E0%A6%81%E0%A6%9C%E0%A7%81%E0%A6%B2%E0%A6%BF
অসমৰ মাছ ধৰা সঁজুলি
অসমৰ মাছ ধৰা সঁজুলিসমূহ প্ৰধানকৈ হাতেৰে তৈয়াৰ কৰা কিছুমান বাঁহ-বেতৰ সঁজুলি। এইসমূহ অসমৰ কুটীৰ শিল্পৰ অন্তৰ্গত। অসমৰে বিভিন্ন প্ৰান্তৰ বিভিন্ন শ্ৰেণীৰ লোকে বিভিন্ন পদ্ধতিৰে, বিভিন্ন সঁজুলি আৰু কৌশলৰ সহায়ত পুৰণি কালৰে পৰা মাছ ধৰি আহিছে। মাছ ধৰাৰ পদ্ধতি, প্ৰণালী ঠাইবিশেষে বেলেগ বেলেগ হোৱা দেখা যায়। অসমৰ লোকসকলে কুটীৰ শিল্প হিচাপে বাঁহ-বেতৰ বিভিন্ন মাছ ধৰা সঁজুলি বনাব জানে। এনে বিভিন্ন সঁজুলিসমূহ হ'ল- জাকৈ বা জকাই, খালৈ, খোঁকা, চেপা, পল, জুলুকি, ডিঙৰা, হুকুমা, বান, লাহনী, লেহেতি, দলঙা, চালনী, উভতি ঘোকলং, ঘনী, পঁচা, বৰশী, আদিল, কাপ, খোকা, গালফুলা, চকলেট, চহৰা, চুকি, চেকে, জিলিকনি, ডিঙৰা, ঠুহা, শলহা, হুকুমা আদি। মাছ ধৰা বিভিন্ন সঁজুলিসমূহ জাকৈ বা জকাই তিনিকোণীয়া মাছ ধৰা বাঁহৰ সঁজুলি। বিশেষকৈ তিৰোতা আৰু গাভৰুসকলে ইয়াৰ ব্যৱহাৰ বেছিকৈ কৰে। পানীৰ মাজেদি চলাই চলাই ওপৰলৈ দাঙি দাঙি মাছ ধৰা হয়। জাকৈৰ ব্যৱহাৰ সাধাৰণতে কম পানীত মাছ ধৰিবলৈ কৰা হয়। জাকৈ পানীৰ মাজত কিছুদূৰ চলাই নি সমুখৰ পানী ভাগ ভৰিৰে খেছি দিয়া হয়। এনে কৰিলে মাছবোৰে ভয় খাই জাকৈৰ ভিতৰলৈ সুমুৱাই যায়। আকাৰৰ ফালৰ পৰা জাকৈৰ ভাগ আছে। জাল মাছৰ সৰু-বৰ অনুসৰি জালবিলাক গোঁঠা হয় আৰু ইয়াৰ নামবিলাকো বিভিন্নধৰণৰ। যেনে—লাঙি-জাল, খেৱালি জাল, বৰ জাল, ঘাট জাল, চিন জাল আদি। মাছৰ নাম অনুসৰি লাঙি জাল গোঁঠা হয়। পুঠি মাছ ধৰিবৰ বাবে পুঠি লাঙি, কাৱৈ মাছ ধৰিবৰ বাবে কাৱৈ লাঙি জাল পতা হয়। পাৰৰ পৰা দলিয়াই দি যি জালেৰে মাছ ধৰা হয় তাক খেৱালি জাল বোলে। এই জালবিলাক সাধাৰণতে শণ সূতাৰে গোঁঠা হয়। লাঙি জালত ব্যৱহাৰ কৰা খুৰাবোৰ পোৰামাটিৰ। বৰ্তমান সৰু লোহাৰ খুৰা ব্যৱহাৰ কৰা দেখা যায়। নৈৰ দ পানীত চাৰিওফালে জাল তৰি মাছ ধৰা দীঘল আৰু ডাঙৰ জালখনৰ নাম জাহি জাল। পৰঙি বা চিন জালেৰে বাম পানীত পাতি মাছ ধৰা হয়। আকৌ জটা জালেৰে বাৰিষাৰ বেছি পানীত পাতি মাছ ধৰা হয়। এইখন জাল আনবোৰ জালতকৈ বেছি দীঘল আৰু ডাঙৰ। খেৱালি জাল বা ৰা জাল মাছ ধৰিবৰ বাবে পানীলৈ দলিয়াই দিয়া এখন খেৱালি জাল হাতেৰে বহলকৈ মেলি পানীলৈ দলিয়াই দিয়া হয়। পিছত লাহেকৈ পাৰলৈ চপাই আনোতে জালৰ মূৰত থকা সৰু সৰু জেপবোৰত মাছবোৰ লাগি ধৰে। জালখন দলিয়াই দিওঁতে বহলাই বহিবলৈ, জালৰ তলৰ অংশ যথেষ্ট বহলাই গোঁঠা হয়। পানীত ডুব যাবলৈ একেবাৰে তলৰ কাষৰীটোত কিছুমান লোৰ গুটি লগোৱা থাকে। এইবোৰক খুৰা বুলি কোৱা হয়। মাছ জালত পৰি ওলাই যাব নোৱাৰাকৈ কাষৰীটো ওপৰলৈ ওভতাই গাঁঠি দি কিছুমান জেপ বনোৱা হয়। টঙি জাল জালখন টঙিৰে বহলকৈ মেলি পানীত পাতি থোৱা হয়। মাজে মাজে পানীৰপৰা দাঙি জালত উঠা মাছবোৰ ধৰা হয়। কেতিয়াবা এনে জালত তুঁহগুৰিৰ লাৰু একোটাও দিয়া হয়। সাধাৰণতে এই জালখন সাধাৰণ ভাৱে দীঘ-প্ৰস্থ ৰাখি বৰ্গাকৃতিত গুঁঠিব লাগে। পিছত দুডাল দীঘলীয়া বাঁহৰ কমি যোগ চিহ্নৰ দৰে বান্ধি চাৰিওটা মূৰে জালখন বান্ধি দিয়া হয়। কামি দুডালে পৰস্পৰক কটাকটি কৰা অংশ এডাল গোটা বাঁহত বান্ধি সেই অংশত এডাল দীঘল ৰছী সংযোগ কৰা হয়। ফাঁচি জাল পানীৰ সোঁত বৈ থকা অঞ্চলত পাতি থোৱা হয়। জালত মাছবোৰ ফাঁচ খাই লাগি ধৰে। পানীৰ গভীৰতা আৰু মাছৰ আকাৰৰ প্ৰতি গুৰুত্ব দি ইয়াৰ উচ্চতা দীঘল বা চুটি কৰা হয় আৰু জালৰ ফুটা বোৰো সৰু বা ডাঙৰকৈ গোঁঠা হয়। এই জালক ঠাই বিশেষে লাঙি জাল বুলিও কোৱা হয়। যেনেঃ কাৱৈ লাঙি, পুঠি লাঙি ইত্যাদি। খালৈ মাছ থোৱা বাঁহৰ সঁজুলি। দেখিবলৈ কলহটোৰ দৰে, পেটটো পেতুৱা আৰু মুখখন সৰু। বাঁহৰ কাঠি পাতলকৈ তুলি বৈ, কলহৰ দৰে আকাৰ দিয়া হয়। মাছ ধৰাৰ সময়ত ইয়াক কঁকালত এডাল ৰছীৰে বান্ধি লোৱা হয়। খালৈৰ পেটটো পেটুৱা কৈ সজাৰ বাবে সৰহকৈ মাছ ভৰাই ৰাখিব পাৰি আৰু ডিঙি অংশ চিয়ামৰা হোৱাৰ ফলত জীয়া মাছ জঁপিয়াই ওলাই যাব নোৱাৰে। ইয়াৰোপৰি খালৈত থকা সৰু সৰু বিন্ধা বোৰৰ মাজেদি বতাহ চলাচল কৰিব পাৰে বাবে ইয়াত ৰখা মাছ বহু সময়লৈ জীয়াই থাকে। খোকা দীঘল মাছ ধৰা বাঁহৰ সঁজুলি। মুখখন বহল পিছলৈ ঠেক, দীঘল(১০০/১১০ ছে.মি.) আৰু বন্ধ। পানীৰ সৰু সোঁত বৈ থকা ঠাইত পাতি থোৱা হয়। মাছবোৰ সোঁতৰ কোবত ভটিয়াই গৈ খোকাৰ বহল মুখখনৰে সোমাই পিছৰ ঠেক অংশত লাগি ধৰেগৈ। চেপা বাঁহৰ কাঠি তুলি দুই মূৰ সামান্য ঠেক কৰি গুঁঠা হয়। ই দেখাত তাঁত বোৱা মাকোৰ দৰে আৰু মাজ অংশ ফোঁপোলা আৰু আকাৰত ডাঙৰ। ইয়াৰ দৈঘ্য ১মিটাৰ বা তাতোকৈ সামান্য কম হয়। বাহিৰৰ কৰা দুটা বহল বাট ৰখা হয়, এই বাটত বাঁহৰ সৰু কাঠি কিছুমান এনেকুৱাকৈ বৈ দিয়া হয় যে মাছ, চেপাৰ ভিতৰত এবাৰ সোমালে সেই বাটেৰে পুনৰ ওলাই আহিব নোৱাৰে। পানীৰ সৰু সোঁত বৈ থকা ঠাইত পাতি থোৱা হয়। পল বাঁহৰ সঁজুলি। জুলুকিতকৈ বহল। ওখ প্ৰায় ২ ফুট। পল সাজিৰ বাবে প্ৰথমে বাঁহৰ কাঠি গোল গোলকৈ চাঁচি লোৱা হয়। তাৰ পাছত কাঠিবোৰ ইডালৰ লগত সিডাল ক্ৰমান্নয়ে বেত বা তাঁৰেৰে বান্ধি গাঁঠি গোলাকৃতি কৰি লোৱা হয়। এনেকৈ গাঁঠি যাওঁতে ওপৰফালে সৰু আৰু তলফালে ক্ৰমান্নয়ে বহল কৰি অনা হয়। ওপৰৰফালৰ গোলাকৃতিৰ ব্যাসাৰ্ধ প্ৰায় ৯ ছে.মি. আৰু তলফালৰ গোলাকৃতিৰ ব্যসাৰ্ধ প্ৰায় ৩৫ ছে.মি.। ওপৰফালে ধৰিবৰ সুবিধাৰ বাবে এটা মুঠনি দিয়া হয়। পলৰে সাধাৰণতে ডাঙৰ মাছ চাব মাৰি মাছ ধৰা হয়। পলৰে মাছ ধৰিবৰ বাবে বহুতো লোক একেলগে নদী বা বিলত নামে আৰু পলৰে ইফালে সিফালে চাব মাৰে। এনেদৰে চাব মাৰি ফুৰোতে কোনোবা পাকত ডাঙৰ মাছ পলটোৰ মাজত সোমাই পৰে। জুলুকি বাঁহৰ সঁজুলি। ওখ প্ৰায় দুফুট। প্ৰথমে বাঁহৰ কামি চাঁচি লৈ কামিবোৰ ওপৰৰপৰা আধাফুটমান এৰি তলৰডোখৰ ৩ বা ৪ ভাগ কৰি গোল গোল কাঠিৰ নিচিনাকৈ চাঁচি লোৱা হয়। তাৰ পাছত কামি আৰু কাঠিবোৰ ইডালৰ লগত সিডাল ক্ৰমান্নয়ে বেত বা তাঁৰেৰে বান্ধি গাঁঠি গোলাকৃতি কৰি লোৱা হয়। এনেকৈ গাঁঠি যাওঁতে ওপৰফালে সৰু আৰু তলফালে ক্ৰমান্নয়ে বহল কৰি অনা হয়। ওপৰৰফালৰ গোলাকৃতিৰ ব্যাসাৰ্ধ প্ৰায় ৮ ছে.মি. আৰু তলফালৰ গোলাকৃতিৰ ব্যসাৰ্ধ প্ৰায় ২৫ ছে.মি.। ওপৰফালে ধৰিবৰ সুবিধাৰ বাবে এটা মুঠনি দিয়া হয়। জুলুকিৰে সাধাৰণতে সৰু মাছ চাব মাৰি মাছ ধৰা হয়। ইয়াৰ বাবে প্ৰথমে গোবৰ আৰু তুঁহগুৰিৰ মিশ্ৰণেৰে বল আকৃতিৰ লাৰু বান্ধি লোৱা হয়। এই লাৰুবোৰ নদী বা পথাৰৰ আঁঠুৱনী পানীত সৰু খুটি এটাৰে পুতি থৈ অহা হয়। লাৰুটোৰ অৱস্থিতি জানিবৰ বাবে খুটিটো এক আঙুলমান পানীৰ ওপৰত ওলাই থকাকৈ পোতা হয়। ইয়াৰ পাছত মাছে লাৰুটো খাবলৈ অহালৈ ১০/১৫ মিনিটমান অপেক্ষা কৰা হয়। তাৰ পাছত লাহেকৈ গৈ লাৰুটো আৰু মাছখিনি জুলুকিৰে চাব মাৰি ঢাকি ধৰা হয়। তাৰ পাছত জুলুকিৰ ওপৰফালে হাত ভৰাই খেপিয়াই মাছখিনি সংগ্ৰহ কৰা হয়। ডিঙৰা ইয়াক বাঁহৰ পৈণত কাঠিৰে ঘূৰণীয়াকৈ দুই মূৰ সমান কৰি বনোৱা হয়। ডিঙৰাৰ সন্মুখৰ ফালে মাছ সোমাবৰ বাবে আৰু শেষৰ ফালে মাছ উলিয়াবলৈ দুটা পথ থাকে। হুকুমা বান বাঁহৰ কাঠি গাঁঠি সজা হয়। বাঁহৰ বেৰাৰ নিচিনা। ওখ প্ৰায় ২/৩ ফুট। সৰু নদীসমূসৰ সোঁতত পাতি থোৱা হয়। বানৰ পাছফালে ধেনুভিৰিয়াকৈ এখন জালি বা কাপোৰ বান্ধি থোৱা হয়। সোঁতৰ কোবত ভাহি অহা মাছবোৰ বানত লাগি বাধাপ্ৰাপ্ত হৈ জঁপিয়াই বানৰ পাছফালে পাতি থোৱা কাপোৰত পৰেগৈ। পাছত তাৰপৰাই মাছবোৰ ধৰা হয়। লাহনি লাহনী সাধাৰণতে পানী সিঁচিবলৈ ব্যৱহাৰ হোৱা সঁজুলি। নলা, খাল, পুখুৰী, পথাৰ আদিৰ কম পানী সিঁচিবলৈ লাহনি ব্যৱহাৰ কৰা হয়। এক মিটাৰ মান দৈঘ্যৰ এডাল বাঁহৰ এমুৰে ত্ৰিশ মিটাৰ মান দৈঘ্যৰ কাঠ বা বাঁহ বান্ধি দুই মূৰে শংকুৰ দৰে টিন বান্ধি লোৱা হয়। খাল, নলা, পুখুৰী আদিৰ পানী শুকালে লাহনীৰে পানী সিঁচি মাছ ধৰা হয়। কম ওজনৰ আৰু পানী সিঁচিবলৈ অতি সহজ হোৱা বাবে ইয়াৰ দ্বাৰা কম সময়তে অধিক পানী সিঁচিব পাৰি। লাহনিৰ এই গুনটোৰ বাবেই 'লাহনি' শব্দটোক প্ৰতীক ৰূপটো অসমীয়া ভাষাত ঘৰোৱা ভাবে ব্যৱহাৰ কৰা দেখা যায়। কম সময়ৰ ভিতৰতে সৰহ সৰহকৈ খোৱা কাৰ্যক ইতিকিং সূচক ভাৱে লাহনি মৰা বুলিও কোৱা হয়। লেহেতি ধেমা বা টিন এটা মাজত লৈ ৰছি দুডালেৰে গাঁঠি দি দুফালে দুজনে ধৰি পানী সিঁচা এবিধ সঁজুলি। সৰহ পানী সিঁচিবলৈ ইয়াৰ ব্যৱহাৰ হয়। এইদৰে পানী সিঁচিবলৈ দুজন মানুহৰ প্ৰয়োজন হয়, দুজন দুটা পাৰত বহি বা ঠিয় হৈ গাৰ বল প্ৰয়োগ কৰি লাহনীখন এবাৰ পানীৰ ফালে আৰু এবাৰ বামৰ ফালে টনা হয়। এইদৰে পুখুৰী বা ডাঙৰ খাল আদিৰ পানী সিঁচি মাছ ধৰা হয়। দলঙা দলঙা হল বাঁহেৰে তৈয়াৰ কৰা এবিধ সঁজুলি। এইবিধ সঁজুলি বনাওতে বাঁহ কাটি দীঘল দীঘল চেপেটাকৈ কাতি লব লাগে তাৰপিছত সেইখিনি ঢাৰিৰ নিচিনাকৈ বব লাগে (দীঘল প্ৰাই ৮ফুট আৰু বহল প্ৰাই ৫.৫ ফুট) তাৰপিছত এটামুৰে মাজ ভাগত ৪ফুট দীঘল বাঁহ এটা ঠিয়কৈ থৈ সেই ফালৰ বাঁহেৰে বনোৱা ঢাৰি খনৰ দুয়োটা মুৰ ভাঁজ কৰি বাঁহডালত বান্ধি দিব লাগে। তেতিয়া খেইখন তিনি কুনিয়া হৈ যাব আৰু তেতিয়া চাৰিওফালে বাঁহৰ কামিৰে বান্ধি লব লাগে যাতে সেইখন পানীত থিয় হৈ থাকে। পিছত সেইখন নদীত পাতি দি তাত বাঁহৰ জেকানি বা আগেলি নতুবা পাতেৰে ভৰি থকা কিছুমান গছৰ ডাল আৰু মাটিৰ লাৰো এটা বনাই তাত ধানৰ ভূচি বা পতন দিব লাগে আৰু মাছ ধৰিবলৈ পিছদিনা সেইখন নদীৰ পাৰলৈ উঠাই আনিব লাগে। চালনী চালনি সাধাৰণতে ধান বা চাউল চালিবলৈ ব্যৱহাৰ কৰা বাঁহৰ সঁজুলি। ই গোলকৃতিৰ বিশেষ সঁজুলি, তললৈ সামান্য দোঁ খোৱা আৰু কাষটো উঠা। চালনিৰ, বাঁহৰ কাঠি সমূহৰ মাজত এৰা বিন্ধা, আকাৰ আৰু ব্যৱহাৰ অনুসৰি বিভিন্ন ভাগত ভাগ কৰা হয় যেনেঃ 'ঘন চালনি','সৰু চালনি', 'বৰ চালনি' আদি। ইয়াৰে ঘন চালনিখন আকাৰত বেছি সৰু হোৱা বাবে মাছ ধৰিবলৈ ব্যৱহাৰ কৰা নহয়। কম পানীত সৰু মাছ ধৰিবলৈ সৰু চালনি আৰু মেটেকা আদিৰ শিপাত সোমাই থকা মাছ আদি ধৰিবলৈ বৰ চালনিৰ ব্যৱহাৰ কৰা হয়। উভতি ঘোকলং ঘনী ঘনী সাধাৰণতে কুচিয়া ধৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াক বাঁহৰ কাঠি আৰু বেটৰ ৰছীৰ সহায়ত প্ৰস্তুত কৰা হয়। কুচিয়া প্ৰবেশ কৰিবলৈ আৰু উলিয়াবলৈ দুটা ৰাস্তা থাকে। পঁচা পঁচা হৈছে এডাল ১মিটাৰ মান দৈঘ্যৰ গোটা বাঁহৰ আগত লোৰ জোঙ বান্ধি তৈয়াৰ কৰা মাছ ধৰা সঁজুলি। সাধাৰণতে বাৰিষা ৰাতিৰ ভাগত পুখুৰীৰ পাৰত ৰৈ থকা মাছ ধৰিবলৈ পঁচা ব্যৱহাৰ কৰা হয়। গাৰ বল প্ৰয়োগ কৰি মাছৰ ওপৰত পঁচা মাৰিলে, মাছৰ গাত লোৰ জোং বোৰ সোমই যায়। বৰশী লোৰ এডাল সৰু শিকলি বেঁকা কৰি প্ৰশ্ন বোধক চিহ্নৰ দৰে ভাঁজ দিয়া হয়। ইয়াৰ ওপৰ ফালৰ অংশ সামান্য বহল আৰু আনটো মূৰ জোঙা। বহল অংশক পটা আৰু জোঙা অংশক শুং বুলি কোৱা হয়। বহল পটা খনৰ ঠিক তলতে খুব টান মিহি ৰছী এডাল বান্ধি ৰছীৰ আনটো মূৰ বাঁহৰ মিহি আগ অংশত বান্ধি লোৱা হয়। বাঁহ ডালক বৰশীৰ চিপ বোলে। ৰছীত মাছে ধৰা নধৰাৰ উমান পাবলৈ পানীত ওপঙিব পৰাকৈ কুঁহিলা, মেটেকা, ইকৰা আদিৰ সৰু টুকুৰা এটা লগাই লোৱা হয়। ইয়াক পুঙা বুলি কোৱা হয়। মাছৰ আঁকাৰ অনুসৰি বৰশীৰ আকাৰ সৰু বা ডাঙৰ হয়। বৰশী সাধাৰণতে বিভিন্ন প্ৰকাৰৰ থাকে। যেনেঃ সৰু বৰশী, বৰ বৰশী, খুঁটি বৰশী আদি। সৰু বৰশীৰ সহায়ত, পুঠিমাছ, গৰৈ, কাৱৈ আদি মাছ ধৰা হয়। বৰ বৰশী বৰালি, শ'ল আদি ডাঙৰ মাছ ধৰিবলৈ ব্যৱহাৰ কৰা হয়। খুঁটি বৰশী পথাৰ, পুখুৰী আদিৰ পাৰত সৰু খুঁটি এডাল পুতি পাতি থোৱা হয়। বৰশীৰে মাছ ধৰা কাৰ্যক বৰশী বোৱা বা বৰশী টোপোৱা বোলে। আলোকচিত্ৰ প্ৰস্তুত প্ৰণালী মাছ ধৰিবলৈ ব্যৱহাৰ কৰা প্ৰায়বোৰ সঁজুলিয়েই বাঁহ কাঠ আদিৰ সহায়ত তৈয়াৰ কৰা হয়। অসম কুটিৰ শিল্পত চহকী। বাঁহ-কাঠ আদিৰ সহায়ত তৈয়াৰ কৰা মাছৰ সঁজুলি সমূহ অসমৰ কুটিৰ শিল্পৰ অংগ। ইয়াক থলুৱা ভাৱে বনোৱা হয়। বাঁহৰ কাঠি-কামি তুলি সেইবোৰ বৈ বা গুঁঠি এই সজুঁলি সমূহ প্ৰস্তুত কৰা হয়। ইয়াৰোপৰি জাল প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক জাল গোঁঠা বুলি কোৱা হয়। সাধাৰণতে জাল গুঁঠিবলৈ কঠিন শণ সূতাৰ ব্যৱহাৰ কৰা হয়। মাছ ধৰাৰ কৌশল আৰু পদ্ধতি পানীৰ পৰিমাণ, গভীৰতা আদিৰ প্ৰতি গুৰুত্ব দি মাছ ধৰা সঁজুলি আৰু পদ্ধতি বেলেগ বেলেগ। দ পানীত যেনে নৈ-বিল, পুখুৰী আদিত দলঙা, হুকুমা, খুটি বৰশী, ডাঙৰ চেপা আদি মাছ ধৰিবৰ কাৰণে পাতি থোৱা হয়। বানপানী হ'লে চেপা, থোকা, ডিঙিৰা, পল, জুলুকি, জাকৈ, চালনী আদিৰে মাছ ধৰা হয়। দ-বাম উভয়তে মাছ ধৰিবৰ বাবে পল, জুলুকি, কোল, পঁচা আদি ব্যৱহাৰ কৰা হয়। মাছ ধৰি থ’বৰ বাবে খালৈ, খৰা আদি সঁজুলিব্যৱহাৰ কৰা দেখা হয়। খৰালি পুখুৰী আদিৰ পানী শুকাবলৈ ধৰিলে লাহনী, লেহেতি আদিৰে পানী সিঁচি মাছ ধৰে। বাম পানীত হাতেৰে খেপিয়ায়ো মাছ ধৰা দেখা যায়। আন এটা পদ্ধতি অনুসৰি শিঙী, মাগুৰ আদি মাছ ধৰিবৰ বাবে শিঙী খোঁচা নামৰ এবিধ সঁজুলি ব্যৱহাৰ কৰা হয়। শকত-দীঘল বাঁহৰ পাব ফুটা কৰি, পাবৰ ভিতৰত এই মাছৰ উপযোগী খাদ্য ভৰাই পুখুৰী, বিল, পিটনি আদিত বাঁহডাল ৰছীৰে বান্ধি পানীত ডুবাই ৰাখা হয়। মাছে বাঁহৰ মাজত থকা খাদ্য খাবলৈ আহি ভিতৰত আৱদ্ধ হৈ পৰে। কম পানীত আবদ্ধ হৈ থকা মাছ ধৰিবৰ বাবে চালনী ব্যৱহাৰ কৰা হয়। জাৰৰ দিনত মেটেকাৰ শিপাত মাছবিলাকে আশ্ৰয় লয়। বৰ চালনী মেটেকাৰ তলত অতি সাৱধানে সুমুৱাই চালনীখন মেটেকাৰ সৈতে পানীৰ পৰা ওপৰলৈ দাঙি মেটেকাবোৰ জোকাৰি দি গুচাই মাছ ধৰা হয়। গভীৰ বা বাম পানীত লাঙি জাল পতা হয়। পাৰৰ পৰা দলিয়াই দি খেৱালি জালেৰে মাছ ধৰা হয়। নৈৰ দ পানীত চাৰিওফালে জাল তৰি মাছ ধৰা দীঘল আৰু ডাঙৰ জালখনৰ নাম জাহি জাল। পৰঙি বা চিন জালেৰে বাম পানীত পাতি মাছ ধৰা হয়। আকৌ জটা জালেৰে বাৰিষাৰ বেছি পানীত পাতি মাছ ধৰা হয়। ঠাই বিশেষে মাছ ধৰা সঁজুলি আৰু পদ্ধতি ভিন্ন। ভৈয়ামৰ লোকৰ মাছ ধৰা পদ্ধতিৰ লগত পাহাৰীয়া লোকসকলৰ মাছ ধৰা পদ্ধতিৰ কিছু পাৰ্থক্য আছে। তথ্যসূত্ৰ অসমৰ
67843
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%97%E0%A6%AE%20%E0%A6%90%E0%A6%9C%E0%A6%BE%E0%A6%9C%20%E0%A7%B0%E0%A6%9A%E0%A7%81%E0%A6%B2
বেগম ঐজাজ ৰচুল
বেগম কোডছিয়া ঐজাজ ৰচুল ৪ এপ্ৰিল ১৯০৮ ১ আগষ্ট ২০০১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, লেখক তথা সমাজকৰ্মী আছিল। তেওঁ ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰা সংবিধান সভাৰ একমাত্ৰ মুছলিম মহিলা সদস্য আছিল। ২০০০ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। প্ৰাৰম্ভিক জীৱন ১৯০৯ চনৰ ২ এপ্ৰিল তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্ভুক্ত পঞ্জাব প্ৰদেশৰ লাহোৰত বেগম চাহিবা কোডছিয়া হিচাপে বেগম ঐজাজ ৰচুলৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ছাৰ জুল্ফিকাৰ আলী খান আৰু মাতৃ মাহমুডা চুলতানা। তেওঁৰ দেউতাক ছাৰ জুল্ফিকাৰ পঞ্জাব মালেৰকোটলা ৰাজকীয় ৰাজ্যৰ শাসক পৰিয়ালৰ সমক্ষৰ শাখাৰ অন্তৰ্ভুক্ত আছিল। তেওঁৰ মাতৃ মাহমুডা চুলতান লোহাৰুৰ নবাব আল্লাউদ্দিন আহমেদ খানৰ কন্যা আছিল। ১৯২৯ চনত হাৰদৈ জিলাৰ সণ্ডিলাৰ তালুকদাৰ নৱাব ঐজাজ ৰচুল সৈতে বেগম ঐজাজ ৰচুলৰ বিবাহ সম্পন্ন হৈছিল। তেওঁলোকৰ বিবাহ ছাৰ ম্যালকম হেইলিয়ে ব্যৱস্থা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছিল। বিয়াৰ দুবছৰ পিছত কোডচিয়া ১৪ বছৰ বয়সত অৰ্থাৎ ১৯৩১ চনত তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল। এই ঘটনাৰ কিছু সময় পিছত তেওঁৰ শাহু-শহুৰে আহি তেওঁক সণ্ডিলালৈ লৈ গৈছিল। তেওঁ মৃত্যুৰ লৈকে ইয়াতেই থাকিছিল। সণ্ডিলাত কোডচিয়াক তেওঁৰ স্বামীৰ নামৰ পিছত "বেগম ঐজাজ ৰচুল" বুলি সম্বোধন কৰা হৈছিল আৰু পিছলৈ এই নামৰ দ্বাৰা তেওঁ সকলো ৰাজহুৱা ৰেকৰ্ডত জনাজাত হয়। ৰাজনৈতিক জীৱন ভাৰত চৰকাৰ আইন ১৯৩৫ প্ৰণয়নৰ লগে লগে ৰচুল দম্পতীহালে মুছলিম লীগত যোগদান কৰে আৰু নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰে। ১৯৩৭ চনৰ নিৰ্বাচনত তেওঁ কেইগৰাকীমান মহিলাৰ ভিতৰত এগৰাকী আছিল যিয়ে সফলতাৰে অসংৰক্ষিত আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু ইউনাইটেড প্ৰভিন্স বিধানসভালৈ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ১৯৫২ চনলৈকে তেওঁ এই সদস্যপদত অধিষ্ঠিত আছিল। তেওঁ ১৯৩৭ চনৰ পৰা ১৯৪০ চনলৈ তেওঁ পৰিষদৰ উপ-সভাপতিৰ দায়িত্বত আছিল আছিল আৰু ১৯৫০ চনৰ পৰা ১৯৫২ লৈ পৰিষদত বিৰোধী নেতা পদত আছিল। এই পদবী লাভ কৰা তেওঁ ভাৰতৰ প্ৰথম মহিলা আৰু বিশ্বৰ প্ৰথম মুছলিম মহিলা আছিল। পাৰিবাৰিক পটভূমি হোৱাৰ স্বত্বেও তেওঁ জামীদাৰী বিলোপৰ প্ৰতি তেওঁৰ শক্তিশালী সমৰ্থনৰ বাবে জনাজাত আছিল। তেওঁ ধৰ্মৰ ওপৰত আধাৰিত পৃথক নিৰ্বাচন ক্ষেত্ৰৰ দাবীৰ তীব্ৰ বিৰোধিতা কৰিছিল। ১৯৪৬ চনত তেওঁ ভাৰতৰ গণসভালৈ নিৰ্বাচিত হয় আৰু অৱশেষত যোগদান কৰা ২৮ গৰাকী মুছলিম লীগৰ সদস্যৰ ভিতৰত অন্যতম আছিল। তেওঁ বিধানসভাৰ একমাত্ৰ মুছলমান মহিলা আছিল। ১৯৫০ চনত ভাৰতৰ মুছলিম লীগ ভংগ হয় আৰু বেগম ঐজাজ ৰচুলে কংগ্ৰেছত যোগদান কৰে। তেওঁ ১৯৫২ চনত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু ১৯৬৯ চনৰ পৰা ১৯৮৯ লৈ উত্তৰ প্ৰদেশ বিধান সভাৰ সদস্য আছিল। ১৯৬৯ চনৰ পৰা ১৯৭১ চনলৈ তেওঁ সমাজ কল্যাণ আৰু সংখ্যালঘু মন্ত্ৰী আছিল। ২০০০ চনত সমাজলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক পদ্মভূষণ প্ৰদান কৰা হৈছিল। সংবিধান সভাত ভূমিকা দেশ বিভাজনৰ পিছত মুছলিম লীগৰ মাত্ৰ কেইজনমান সদস্যই ভাৰতৰ সংবিধান সভাত যোগদান কৰিছিল। বেগম ঐজাজ ৰচুল প্ৰতিনিধি দলৰ উপনেতা আৰু সংবিধান সভাত বিৰোধী দলৰ উপনেতা নিৰ্বাচিত হৈছিল। মুছলিম লীগ দলৰ নেতা চৌধুৰী খালিকুজমান পাকিস্তানলৈ ৰাওনা হোৱাৰ পিছত বেগমে তেওঁৰ পদবী লাভ কৰে আৰু সংখ্যালঘু অধিকাৰ খচৰা উপকমিটিৰ সদস্য হৈছিল। মুছলমান নেতৃত্বৰ মাজত ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে সংৰক্ষিত আসনৰ দাবী স্বেচ্ছায় ত্যাগ কৰিবলৈ সহমত সৃষ্টি কৰাত বেগম ঐজাজ ৰচুলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। খচৰা সমিতিৰ সংবিধানসভাত সংখ্যালঘুসকলৰ অধিকাৰ সম্পৰ্কীয় আলোচনাৰ সময়ত তেওঁ মুছলমানসকলৰ বাবে পৃথক নিৰ্বাচন ক্ষেত্ৰৰ তীব্ৰ বিৰোধিতা কৰিছিল। তেওঁ এই ধাৰণাক 'এক আত্ম-ধ্বংসাত্মক অস্ত্ৰ' বুলি উদ্ধৃত কৰিছিল আৰু সংখ্যালঘুসকলক সকলো সময়ৰ বাবে সংখ্যাগৰিষ্ঠতাৰ পৰা পৃথক কৰে বুলি উল্লেখ কৰিছিল। ১৯৪৯ চনৰ ভিতৰত পৃথক নিৰ্বাচন ক্ষেত্ৰ বিচৰা মুছলমান সদস্যসকলে বেগমৰ কথা মানি লয়। ক্ৰীড়া পৃষ্ঠপোষকতা তেওঁ ২০ বছৰৰ বাবে ভাৰতীয় মহিলা হকী ফেডাৰেচনৰ অধ্যক্ষ আছিল আৰু এছিয়ান মহিলা হকী ফেডাৰেচনৰ অধ্যক্ষ পদো অলংকৃত কৰিছিল। ভাৰতীয় মহিলা হকী কাপ তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে। খেলৰ প্ৰতি তীব্ৰ আগ্ৰহ বজাই ৰাখি তেওঁ আনকি ১৯৫২ চনৰ ৰাষ্ট্ৰপতি একাদশ বনাম প্ৰধানমন্ত্ৰীৰ একাদশ প্ৰীতি খেলৰ বাবে বেটিং কৰিবলৈ পুৰুষৰ বগা সাজ পৰিধান কৰিছিল। সাহিত্য এগৰাকী বহুলভাবে ভ্ৰমণ কৰা ব্যক্তি হিচাপে তেওঁ ১৯৫৩ চনত জাপানলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা প্ৰতিনিধি দল আৰু ১৯৫৫ চনত তুৰস্কলৈ ভাৰতীয় সংসদীয় প্ৰতিনিধি দলৰ সদস্য আছিল। তেওঁৰ সাহিত্যৰ প্ৰতি তীব্ৰ আগ্ৰহ আছিল। তেওঁ 'থ্ৰি উইকছ ইন জাপান' কিতাপখন ৰচনা কৰিছিল আৰু বিভিন্ন বাতৰি কাকত আৰু আলোচনীত লিখা-মেলা কৰিছিল। তেওঁৰ আত্মজীৱনীখন হৈছে 'পাৰদা টু পাৰ্লিয়ামেণ্ট: এ মুছলিম ৱমেন ইন ইণ্ডিয়ান পলিটিক্স' (পৰ্দাৰ পৰা সংসদলৈ: ভাৰতীয় ৰাজনীতিত এগৰাকী মুছলমান মহিলা)। তথ্য উৎস ভাৰতৰ ব্যক্তি মৃত ব্যক্তি ভাৰতীয় ৰাজনীতিবিদ সমাজকৰ্মী ভাৰতীয় সাহিত্যিক পদ্মভূষণ বঁটা
28942
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A6%BE%E0%A6%AE%E0%A7%8D%E0%A6%AE%E0%A7%80%20%E0%A6%95%E0%A6%BE%E0%A6%AA%E0%A7%81%E0%A7%B0
শাম্মী কাপুৰ
শাম্মী কাপুৰ শাম্মী কাপুৰ শ্যামশেৰ ৰাজ কাপুৰ মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত ১৯৫২ ২০১১ 1968 1982 (1995) গীতা বালী (১৯৫৫ ১৯৬৫) নীলা (১৯৬৯ ২০১১) }}শাম্মী কাপুৰ' জন্মঃ ২১ অক্টোবৰ, ১৯৩১ মৃত্যুঃ ১৪ আগষ্ট, ২০১১) আছিল ভাৰতীয় চলচ্চিত্ৰ শিল্প জগতৰ এসময়ৰ জনপ্ৰিয় নায়ক আৰু চলচ্চিত্ৰ পৰিচালক। ১৯৫০ আৰু ১৯৬০ ৰ দশকত হিন্দী চিনেমাৰ জগতত তেওঁ আছিল অত্যন্ত জনপ্ৰিয়, শীৰ্ষস্থানীয় চিত্ৰতাৰকা শিল্পী আৰু প্ৰভাৱশালী ব্যক্তিত্ব। মুম্বাইত জন্মগ্ৰহণকাৰী শাম্মী কাপুৰৰ ঘৰুৱা নাম আছিল শ্যামশেৰ ৰাজ কাপুৰ। তেওঁৰ পিতৃ পৃথ্বীৰাজ কাপুৰ আছিল বিশিষ্ট চলচ্চিত্ৰ তাৰকা আৰু থিয়েটাৰৰ অভিনেতা। তিনি ককাই-ভাইৰ মাজত তেখেতৰ স্থান আছিল দ্বিতীয়। ডাঙৰ ককায়েক ৰাজ কাপুৰ আৰু সৰু ভায়েক শশী কাপুৰ। তিনিও ককায়েক-ভায়েকে সফলতম অভিনেতা হিচাপে পৰিচয় পাইছিল। দেউতাক চলচ্চিত্ৰ আৰু থিয়েটাৰৰ লগত যুক্ত থকাত শৈশৱৰ অনেক সময়েই অতিবাহিত কৰে কলকাতাত। তাত তেওঁ কিণ্ডাৰগাৰ্টেনত ভৰ্তি হয়। মুম্বাইলৈ উভতি প্ৰথমে ওয়াদালা'ৰ চেণ্ট জোচেফ কনভেণ্ট আৰু পাছত মাতুঙ্গা'ৰ ডন বস্ক’ বিদ্যালয়ত ভৰ্তি হয়। হিউজেচ ৰ’ডৰ নিউ এৰিয়া বিদ্যালয়ৰ মাধ্যমেৰে বিদ্যালয় পৰ্ব সমাপণ কৰে শাম্মী কাপুৰে। শাম্মী কাপুৰ আছিল হিন্দী চলচ্চিত্ৰ জগতৰ চিৰ সেউজীয়া তাৰকাসকলৰ এজন। প্ৰকৃতপক্ষে নায়ক হিচাপে তেওঁ ১৯৫০ দশকৰ শেষাৰ্ধৰ পৰা ১৯৬০ ৰ দশক পৰ্যন্ত শীৰ্ষস্থানীয় অভিনেতা আছিল। প্ৰাথমিক জীৱন আৰু চলচ্চিত্ৰত প্ৰৱেশ মুম্বাইৰ (চাবেক বোম্বে) মাতুঙ্গাৰ ৰুইয়া কলেজত কিছুকাল পঢ়াশুনা কৰিছিল শাম্মী কাপুৰে। তাত তেওঁ দেউতাকৰ প্ৰতিষ্ঠিত পৃথ্বী থিয়েটাৰত যোগদান কৰে। ১৯৪৮ চনত চিনেমা জগতত প্ৰৱেশ কৰে এজন নবীনতম শিল্পী হিচাপে। মাহে ১৫০ টকা বেতনত পৃথ্বী থিয়েটাৰত পৰৱৰ্তী চাৰি বছৰকাল আছিল। ১৯৫২ চনত থিয়েটাৰৰ পৰা শেষ বেতন উত্তীৰ্ণ হয় ৩০০লৈ ভাৰতীয় টকা। ১৯৫৩ চনত মুক্তিপ্ৰাপ্ত 'জীৱন জ্যোতি' ছবিত অভিনয়ৰ মাধ্যমেৰে বলিউডত নিজকে আত্মপ্ৰকাশ কৰে। ছবিখনৰ পৰিচালক আছিল মহেশ কাউল আৰু শাম্মী'ৰ প্ৰথম নায়িকা চান্দ উচমানী। চলচ্চিত্ৰ জীৱন গুৰুত্বপূৰ্ণ চলচ্চিত্ৰৰ মাধ্যমেৰে ৰূপালী জগৎ আৰম্ভ কৰিলেও নাচিৰ হুচেইনৰ পৰিচালনাত তুমচা নাহি দেখা (১৯৫৭) আৰু দিল ডেকে দেখো (১৯৫৯) ৰ মাধ্যমেৰেহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ছবি দুখনত তেওঁৰ বিপৰীতে নায়িকা হিচাপে অভিনয় কৰে যথাক্ৰমে অমিতা আৰু আশা পাৰেখে। বহল বক্ষ, তীক্ষ্ণ দৃষ্টিৰ আকৰ্ষণ, দীৰ্ঘদেহী, প্ৰাণবন্ত, নীলাভ চকু, আদি আকৰ্ষণীয় বৈশিষ্ট্যৰ কাৰণে তেওঁ আছিল সকলোৰে হৃদয়ৰ মণি। আৰু তেওঁৰ সুন্দৰ দৃষ্টিভংগী আৰু শাৰীৰিক অঙ্গভঙ্গীও এই বৈশিষ্ট্যৰ বাবে দায়ী।জংলী (১৯৬১) চলচ্চিত্ৰৰ মাধ্যমেৰে তেওঁ নতুনকৈ প্ৰতিষ্ঠিত হয় আৰু তাৰ পৰৱৰ্তী চলচ্চিত্ৰসমূহো একেই ধাঁচতে তৈয়াৰ হয়। সচৰাচৰ শাম্মী কাপুৰে নেপথ্য গায়ক হিচাপে হিন্দী সংগীত জগতৰ অন্যতম ব্যক্তিত্ব মহম্মদ ৰফিকেই বেছি পছন্দ কৰিছিল। প্ৰতিষ্ঠিত নায়িকাসকলৰ লগত তেওঁ খুব কমেইহে দ্বিতীয়বাৰৰ বাবে অভিনয় কৰিছিল। তেনে এগৰাকী হৈছে মধুবালা। তেখেতৰ লগত তেওঁ ৰেল কি ডিব্বা (১৯৫৩) ছবিত অভিনয় কৰিছিল। নতুন অভিনেত্ৰী হিচাপে আশা পাৰেখ, চায়ৰা বানু আৰু শৰ্মিলা ঠাকুৰৰ লগতো জুটি বান্ধিছিল। পৰৱৰ্তী কালত তেওঁলোক প্ৰত্যেকেই চলচ্চিত্ৰ শিল্পত অত্যন্ত জনপ্ৰিয় অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠিত হৈছিল। পৰৱৰ্তীকালত শাম্মী কাপুৰে কৈছিল যে, সকলো নায়িকাৰ মাজত শৰ্মিলা ঠাকুৰ, ৰাজশ্ৰী আৰু আশা পাৰেখৰ লগত তেওঁ স্বাচ্ছন্দ্যৰে কাম কৰিছিল। তেওঁ আৰু আশা পাৰেখে চাৰিখন ছবিত অভিনয় কৰিছিল। তাৰমাজত সবাতোকৈ বেছি দৰ্শক সফল হৈছিল মৃত্যুকাহিনী নিৰ্ভৰ ৰী মঞ্জিল (১৯৬৬) ছবিখন। ১৯৭০ ৰ দশকত শাম্মী কাপুৰৰ শাৰীৰিক কাঠামো ওজনজনিত সমস্যাত আক্ৰান্ত হয় আৰু ইয়ে সাফল্যৰ পথত বাধাৰ সৃষ্টি কৰে। ফলত, আকৰ্ষণীয় নায়ক হিচাপে তেওঁৰ সমাপ্তি ঘটে। তেওঁৰ সৰ্বশেষ সফল ছবিখন আছিল আন্দাজ (১৯৭১)। ইয়াত তেওঁৰ নায়কৰ ভূমিকাত অভিনয় কৰিছিল। ব্যক্তিগত জীৱন শাম্মী কাপুৰে ১৯৫৫ চনত গীতা বালী'ৰ লগত ৰঙ্গীন ৰাতে ছবিৰ মাধ্যমেৰে পৰিচিত হয়। তেতিয়া তেওঁ আছিল শীৰ্ষস্থানীয় অভিনেতা আৰু সহ-নায়িকা হিচাপে প্ৰতিষ্ঠিত আছিল গীতা। ঘটনাচক্ৰত তেওঁলোকে এজনে-আনজনক ভালপায় পেলায়। কিন্তু গীতা বালী আছিল তেওঁতকৈ ১ বছৰৰ ডাঙৰ। সেই সময়ত শাম্মীয়ে তেওঁৰ ডাঙৰ ককায়েক আৰু দেউতাকৰ লগতো অভিনয় কৰিছিল। তেওঁলোকৰ প্ৰেমঘটিত বিষয়টো জনাজনি হোৱাৰ ফলত পৰিয়ালৰ সকলো আচৰিত হৈ যায় আৰু স্তম্ভিত হৈ পৰে। বিয়াৰ প্ৰধান প্ৰত্যক্ষদৰ্শী আছিল হৰি ওয়ালিয়া। কেবলমাত্ৰ বিয়াৰ পাছতহে পৰিয়ালক বিয়াৰ বিষয়ে জনোৱা হয়। চাৰি মাহৰ পাছত মুম্বাইৰ ন্যাপিয়েন চি ৰ’ডৰ নিকটৱৰ্তী এলেকাত অৱস্থিত বাঙ্গানা মন্দিৰত শাম্মী-গীতা'ৰ বিয়া হয়। পৰৱৰ্তী বছৰসমূহৰত শাম্মী কাপুৰ আৰু গীতা বালী দম্পতীয়ে সুখে-শান্তিৰে সংসাৰ ধৰ্ম পালন কৰে। তেওঁলোকৰ আদিত্য ৰাজ নামৰ ল’ৰা এটা আছে। শাম্মী'ৰ বিয়াৰ এবছৰ পাছত তেওঁ জন্ম হয় ১ম জুলাই, ১৯৫৬ চনত মুম্বাইৰ হাস্পতালত। পাঁচ বছৰ পাছত ১৯৬১ চনত কাঞ্চন নামৰ ছোৱালী এজনীও হয়।তিচৰী মঞ্জিল ছবি চলাকালত ১৯৬৫ চনত এক হৃদয়বিদাৰক ঘটনাৰ জন্ম হৈছিল। গীতা বালীয়ে বসন্ত ৰোগত আক্ৰান্ত হৈ শশী কাপুৰ আৰু তেওঁৰ দুই সন্তানক এৰি মৃত্যুবৰণ কৰে। ১৯৬৮ চনত ব্ৰহ্মচাৰী ছবি চলাকালত মমতাজৰ লগত সম্পৰ্কৰ গভীৰতা ব্যৰ্থতালৈ পৰ্যবসিত হয়। ১৯৬৯ চনত তেওঁ গুজৰাটৰ ভাবনগৰ এলেকাৰ সম্ভ্ৰান্ত পৰিয়াৰ সন্তান নীলা দেবী গোহিলক দ্বিতীয়বাৰৰ বাবে বিয়া কৰে। হিন্দী চলচ্চিত্ৰৰ অন্যতম ৰোমাণ্টিক নায়ক হিচাপে তেওঁৰ সৰ্বশেষ সফলতম ছবি আছিল আন্দাজ'' (১৯৭১)। যৌৱনত চুলিৰ কায়দাজনিত কাৰণত তেওঁ ভাৰতৰ এলভিচ প্ৰেচলী নামেৰে পৰিচিত আছিল। ২০০৬ চনত জনা যায় যে, তেওঁ সপ্তাহত তিনিবাৰ চিকিৎসাৰ বাবে ডাইলেচিচ কৰিছিল। তাৰপাছৰ পৰাই তেওঁ মানসিক অবসাদৰ ব্যাধিত আক্ৰান্ত হয়। তাৰপাছতো তেওঁ ঈশ্বৰক ধন্যবাদ জনায় যে, ব্যক্তিগত জীৱনত তেওঁ অনেক কিছু পালে। অভিনীত চলচ্চিত্ৰসমূহ শাম্মী কাপুৰে সুদীৰ্ঘকাল যন্ত্ৰবৎ অভিনয় কলাৰ লগত জড়িত আছিল। তলত তাৰ এক সংক্ষিপ্ত তালিকা প্ৰদান কৰা হ’ল। জীৱন জ্যোতি (১৯৫৩) ৰেল কা ডিব্বা (১৯৫৩) থোকৰ (১৯৫৩) লায়লা মজনু (১৯৫৩), নূতন লড়কী (১৯৫৩) গুল চানোবাৰ (১৯৫৩) খোঁজ (১৯৫৩) শ্যামা পৰোৱানা (১৯৫৪) মেহবুবা (১৯৫৪) এহচান (১৯৫৪) চোৰ বাজাৰ (১৯৫৪) টাঙ্গেৱালী (১৯৫৫) নকাব (১৯৫৫) মিচ কোকা কোলা (১৯৫৫) ডাকু (১৯৫৫) চিপাহচালাৰ (১৯৫৬) ৰঙ্গীন ৰাতে (১৯৫৬), মালা সিনহা মেমচাহেব (১৯৫৬) হাম সব চোৰ হ্যায় (১৯৫৬) তুমচা নাহি দেখা (১৯৫৭), অমিতা মহাৰাণী (১৯৫৭) কফি হাউজ (১৯৫৭) মীৰ্জা চাহেবান (১৯৫৭) মুজৰিম (১৯৫৮) দিল ডেকে দেখো (১৯৫৮), আশা পাৰেখ উজালা (১৯৫৯), মালা হা ৰাত কি ৰাহি (১৯৫৯) মোহৰ (১৯৫৯) বসন্ত (১৯৬০) কলেজ গাৰ্ল (১৯৬০), বৈজয়ন্তীমালা চিঙ্গাপুৰ (১৯৬০), পদ্মিনী বয়ফ্ৰেণ্ড (১৯৬১) জাংলী (১৯৬১), চায়ৰা বানু দিল তেৰা দিৱানা (১৯৬২), মালা হা প্ৰফেচাৰ (১৯৬২), কল্পনা চায়না টাউন (১৯৬২), শাকিলা/হেলেন ব্লাফ মাষ্টাৰ (১৯৬৩), চায়ৰা বানু শহীদ ভগৎ সিং (১৯৬৩) জব চে তুমহে দেখা হ্যায় (১৯৬৩) পিয়াৰ কিয়া তো ডৰনা কিয়া (১৯৬৩) ৰাজকুমাৰ (১৯৬৪), সাধনা কাশ্মীৰ কি কালী (১৯৬৪), শৰ্মিলা ঠাকুৰ জানোৱাৰ (১৯৬৫), ৰাজশ্ৰী তিচৰী মঞ্জিল (১৯৬৬), অনিল কুমাৰ, আশা পাৰেখ প্ৰীত না জানে ৰীত (১৯৬৬) বাদতমীজ (১৯৬৬) এযান নিং ইন পেৰিছ (১৯৬৭), শৰ্মিলা ঠাকুৰ লাট চাহেব (১৯৬৭), নূতন ব্ৰহ্মচাৰী (১৯৬৮), ৰাজশ্ৰী প্ৰিন্স (১৯৬৯), বৈজয়ন্তীমালা তুম চে আচ্ছা কৌন হ্যায় (১৯৬৯), ববিতা সাচ্চাই (১৯৬৯), সাধনা পাগলা কাহিন কা (১৯৭০), আশা পাৰেখ/হেলেন আন্দাজ (১৯৭১), হেমা মালিনী/চিমি জৱান মোহব্বত (১৯৭১), আশা পাৰেখ জানে আনজানে (১৯৭১), লীনা চন্দভাৰকাৰ পাৰৱৰিছ (১৯৭৩) জামিৰ (১৯৭৪) মনোৰঞ্জন (১৯৭৪), জিনাত আমান ছোটে চৰকাৰ (১৯৭৪), সাধনা শালিমাৰ (১৯৭৮) মীৰা (১৯৭৯) ৰাজা বিক্ৰমজিৎ সিং সিসোদিয়া, হেমা মালিনী প্ৰফেচৰ পিয়াৰেলাল (১৯৮১) ৰকি (১৯৮১) নচিব (১৯৮১) প্ৰেম ৰোগ (১৯৮২), সুষমা শেঠ বিধাতা (১৯৮২) দেশ প্ৰেমী (১৯৮২) হিৰো (১৯৮৩), উৰ্মীলা ভাট বেতাব (১৯৮৩) চোহনী মহিৱাল (১৯৮৪) হুকুমত (১৯৮৭) ইজাজত (১৯৮৮) আজুবা (১৯৯১) তেহেলকা (১৯৯২) চমৎকাৰ (১৯৯২) সুখম সুখকৰম (১৯৯৪) (মালয়ালম) ঔৰ প্যাৰ হো গ্যায়া (১৯৯৬) কাৰিব (১৯৯৮) জানম চমঝা কৰো (১৯৯৯) ইষ্ট ইজ ইষ্ট (১৯৯৯) ইয়ে হ্যায় জ্বালা (২০০২) ৱাহ! তেৰা ক্যা কেহনা (২০০২) ভোলা ইন বলিউড (২০০৫) চেণ্ডউইচ (২০০৬) ৰকষ্টাৰ (২০১১) পুৰস্কাৰ আৰু অন্যান্য স্বীকৃতি মহাপ্ৰয়াণ শাম্মী কাপুৰক ৭ আগষ্টত, ২০১১ চনত ব্ৰীচ কেণ্ডি হাস্পতালত কিডনীজনিত ৰোগৰ কাৰণে ভৰ্তি কৰোৱা হয়। তেওঁৰ অবস্থাৰ দ্ৰুত অৱনতি ঘটাত ভেণ্টিলেটৰৰ সহায়ত বচাই ৰখাৰ প্ৰাণান্তকৰ চেষ্টা চলে। কিন্তু হিন্দী চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ অভিনেতাসকলৰ এজন হিচাপে শাম্মী কাপুৰে ১৪ আগষ্ট, ২০১১ তাৰিখে ভাৰতীয় সময় মতে ৰাতিপুৱা ৫:১৫ ত পৰলোকলৈ গতি কৰে। আৰু চাওক ৰণবীৰ কাপুৰ মহম্মদ ৰফি শৰ্মিলা ঠাকুৰ তথ্য সংগ্ৰহ বাহ্যিক সংযোগ শাম্মী কাপুৰৰ অফিচিয়েল ভিডিঅ’ ব্লগ শাম্মী কাপুৰৰ ফেন ক্লাব শাম্মী কাপুৰৰ ৱেবছাইট পডকাষ্ট: শাম্মী কাপুৰ মাইচেলিব্ৰিটিত শাম্মী মুম্বাইৰ বাংগঙ্গালৈ অন্তিমযাত্ৰা ভাৰতৰ ব্যক্তি ভাৰতীয় অভিনেতা ফিল্মফেয়াৰ বঁটা বিজয়ী মৃত
57229
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BF%E0%A6%AE%E0%A6%B2%E0%A6%BE%20%E0%A6%AC%E0%A7%81%E0%A6%9F%E0%A6%BF
বিমলা বুটি
বিমলা বুটি (জন্ম ১৯৩৩) হৈছে এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতেৰ গৱেষণাক্ষেত্ৰ হৈছে প্লাজমা পদাৰ্থ বিজ্ঞান। ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সভ্য হোৱা তেখেত হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা পদাৰ্থ বিজ্ঞানী। বিমলা বুটিয়ে ন'বেল বিজয়ী ভাৰতীয় পদাৰ্থ বিজ্ঞানী সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ অধীনত গৱেষণা কৰিছিল। তেখেতে বিক্ৰম সাৰাভাই বঁটা, আমেৰিকান পদক, আৰু ইনছা-ভাইনু বাপ্পু বঁটাকে ধৰি একাধিক বঁটা আৰু সন্মান লাভ কৰিছিল। বিক্ৰম সাৰাভাইয়ে প্ৰতিষ্ঠা কৰা ভাৰতৰ গুৰুত্বপূৰ্ণ গৱেষণা প্ৰতিষ্ঠান "ভৌতিক গৱেষণা প্ৰয়োগশালা"ত বিমলা বুটিয়ে তেইশটা বছৰ কৰ্মনিৰ্বাহ কৰিছিল। শিক্ষা বিমলা বুটিয়ে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। একেখন শিক্ষানুষ্ঠানৰ পৰাই তেখেতে পাছলৈ পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীও অৰ্জন কৰে। ডক্তৰেট ডিগ্ৰীৰ পঢ়া-শুনাৰ বাবে তেখেতে চিকাগো বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। বিখ্যাত পদাৰ্থ বিজ্ঞানী সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ অধীনত তেখেতে নিজৰ গৱেষণা কাৰ্য চলাই যায়। আৰু ১৯৬২ চনত চিকাগো বিশ্ববিদ্যালয়ৰ পৰা প্লাজমা পদাৰ্থ বিজ্ঞানত তেখেতে ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে। বিমলা বুটিয়ে আপেক্ষিকতাবাদী প্লাজমাৰ ক্ষেত্ৰত কাম কৰিছিল। তেওঁৰ গৱেষণাৰ উদ্দেশ্য আছিল-প্ৰথমে এটা সাধাৰণ আৰ্হি প্ৰস্তুত কৰা আৰু সেইটো আৰ্হিৰ জৰিয়তে মহাকাশ, জ্যোতিৰ্বৈজ্ঞািনক আৰু প্ৰয়োগশালাৰ প্লাজমাৰ সমস্যাৰ অন্বেষণ আৰু প্ৰয়োগ কৰা। অৰৈখিক বলবিজ্ঞানৰ পদ্ধতি ব্যৱহাৰ কৰি তেখেতে অৰৈখিক, অশান্ত আৰু বিশৃংখল প্লাজমা প্ৰক্ৰিয়াৰ কেতবোৰ নিৰীক্ষিত প্ৰপঞ্চ নিৰূপণ কৰিছিল। কৰ্মজীৱন ডক্তৰেট ডিগ্ৰী অৰ্জন কৰাৰ পাছত, তেখেত ভাৰতলৈ উভতি আহে আৰু দিল্লী বিশ্ববিদ্যালয়ত অধ্যাপনা আৰম্ভ কৰে। দুবছৰৰ পাছত তেখেত আমেৰিকালৈ যায় আৰু "গোদাৰ্ড মহাকাশ উৰণ কেন্দ্ৰ, নাছা"ত কৰ্মনিৰ্বাহ কৰে। সেইটো প্ৰতিষ্ঠানত তেখেতে ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ এগৰাকী আৱাসিক গৱেষণা সহযোগী হিচাপে কাম কৰে। ১৯৬৮ চনত বুটি ভাৰতলৈ ঘূৰি আহে আৰু দিল্লীস্থ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ কৰ্ম এটাত যোগদান কৰে। তাৰ কেইদিনমানৰ পিছতে প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ উদ্যোগত আয়োজিত হোৱা "নেহৰু স্মাৰক বক্তৃতা"ৰ এক বিশেষ নৈশভোজৰ অনুষ্ঠানত বিমলা বুটিয়ে বিক্ৰম সাৰাভাইক লগ পায়। সেই নৈশভোজটো আয়োজন কৰা হৈছিল সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ স্মৃতি সুঁৱৰি। সেইগতিকে তেখেতেৰ ছাত্ৰী হিচাপে বিমলা বুটিকো সেই অনুষ্ঠানলৈ মতা হৈছিল। "ভৌতিক গৱেষণা প্ৰয়োগশালা"ৰ সেইসময়ৰ অধ্যক্ষ বিক্ৰম সাৰাভায়ে বিমলাক সেই অনুষ্ঠানতে পি.আৰ.এল.ত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়। সেই অনুৰোধ ৰক্ষা কৰি বুটিয়ে উক্ত প্ৰতিষ্ঠানত ১৯৭০ চনত যোগদান কৰে। ১৯৯৩ চনলৈকে তেখেতে সেইটো প্ৰতিষ্ঠানত বিভিন্ন পদত অধিষ্ঠিত হৈ নিজৰ দায়িত্ব পালন কৰে। তেখেতে সহযোগী অধ্যাপক, অধ্যাপক, জ্যেষ্ঠ অধ্যাপক, আৰু "ডিন অৱ ফেকাল্টি" পদত কাৰ্যনিৰ্বাহ কৰে। পি.আৰ.এল.ত থকাৰ সময়ত বুটিয়ে "ভাৰতৰ প্লাজমা বিজ্ঞান সমাজ" স্থাপনত আগভাগ লয়। বিমলা বুটিয়ে এইটো প্ৰতিষ্ঠানতে ২৩ বছৰ কাম কৰে। ১৯৮৫ চনৰ পৰা ২০০৩ চনৰ ভিতৰতে বিমলা বুটিয়ে ইটালীৰ ত্ৰিষ্টিত থকা "তাত্ত্বিক পদাৰ্থ বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ"ৰ অধ্যক্ষৰ পদ অলংকৃত কৰিছিল। নিজৰ কেৰিয়াৰত বুটিয়ে বহুতো গৱেষণাপত্ৰ প্ৰকাশ কৰিছিল। ইয়াৰ লগতে তেখেতে চাৰিখন গ্ৰন্থও সম্পাদনা কৰিছিল। ১৯৭৭-৮৩ৰ ভিতৰত তেখেত আমেৰিকাৰ "ৰ সহযোগী সম্পাদক আছিল। তেখেতে তাত "প্লাজমা বিজ্ঞান সংঘ" স্থাপন কৰিছিল আৰু ১৯৯২-৯৩ চনত এগৰাকী অধ্যক্ষ হিচাপে নিজ দায়িত্ব পালন কৰিছিল। বঁটা আৰু সন্মান নিজৰ কেৰিয়াৰত বুটিয়ে কেইবাটাও বঁটা আৰু সন্মান পাবলৈ সক্ষম হৈছিল- গ্ৰহ বিজ্ঞানৰ বাবে বিক্ৰম সাৰাভাই বঁটা (১৯৭৭) জৱাহৰলাল জন্ম শতবাৰ্ষিকী বক্তৃতা বঁটা (১৯৯৩) জ্যোতিৰ্বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে বঁটা (১৯৯৪) চিকাগো বিশ্ববিদ্যালয়ে আগবঢ়োৱা বঁটা (১৯৯৬) অৰৈখিক তৰঙ্গ আৰু অস্থায়িত্বৰ পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা প্ৰাথমিক অৱদানৰ বাবে আমেৰিকান পদক (২০১০) বিজ্ঞানৰ বিশ্ব একাডেমী )-ৰ সভ্য ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সভ্য, ভাৰত আমেৰিকান ভৌতিক সমাজৰ সভ্য ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সভ্য তথ্যসংগ্ৰহ বাহ্যিক সংযোগ ভৌতিক গৱেষণা প্ৰয়োগশালাৰ মুখ্য পৃষ্ঠা ভাৰতৰ ব্যক্তি ভাৰতীয় মহিলা পদাৰ্থ
79283
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A6%BE%E0%A6%82%E0%A7%B0%E0%A6%BE%20%E0%A6%A8%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AF
ভাংৰা নৃত্য
ভাংৰা বা ভাংড়া পঞ্জাৱৰ এক প্ৰকাৰৰ পৰম্পৰাগত লোক নৃত্য। এই নৃত্যৰ উৎপত্তি পঞ্জাৱৰ ছিয়ালকোট অঞ্চলত হৈছিল। ভাংৰা নৃত্য শস্য চপোৱাৰ বতৰত কৰা হয়। ভাংৰা নৃত্য বিশেষকৈ বসন্তকালীন বৈশাখী উৎসৱৰ সৈতে সম্পৰ্কিত। ভাংৰাৰ এক সাধাৰণ প্ৰদৰ্শনত কেইবাজনো নৃত্যশিল্পীয়ে শৰীৰৰ জোৰদাৰ পদচালনা কৰে, জাঁপ মাৰে আৰু শৰীৰ বেঁকা কৰে। ইয়াৰ লগতে প্ৰায়ে ওপৰলৈ উঠা বাহু বা কান্ধৰ চলাচলৰ সৈতে এক সুকীয়া নৃত্যভংগীমাৰে নৃত্য কৰে। ভাংৰা নৃত্য বলিয়ান নামৰ চুটি গীতৰ সৈতে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে ঢোলৰ তালে তালে নৃত্য কৰা হয়। ভাংৰাৰ সৈতে জড়িত ঢোলৰ এটা মূৰত জোৰেৰে আঘাত কৰে আৰু আনটো মূৰত লাহেকৈ আঘাত কৰি এক বৈশিষ্ট্যপূৰ্ণ সংগীতক তালৰ ছন্দময় ধ্বনি প্ৰস্তুত কৰা হয়। ভাংৰাৰ উৎপত্তি পঞ্জাৱৰ কৃষকসকলৰ সৈতে এক সাংস্কৃতিক আৰু সাম্প্ৰদায়িক উদযাপন হিচাপে হৈছিল। আধুনিক যুগৰ বিৱৰ্তনে ভাংৰাক ইয়াৰ পৰম্পৰাগত ভাৰতীয় শিপা বজাই ৰাখিবলৈ সহায় কৰিছে। আনহাতে জনপ্ৰিয় সংগীত আৰু ডিজেইং, দল আধাৰিত প্ৰতিযোগিতা আৰু আনকি ব্যায়াম আৰু বিদ্যালয় আৰু ষ্টুডিঅ'ত নৃত্য কাৰ্যসূচীত একত্ৰীকৰণত অন্তৰ্ভুক্ত কৰিবলৈ ইয়াৰ প্ৰসাৰ বিশ্বব্যাপী কৰিছে। তাৎপৰ্য ভাংৰা নৃত্য মুখ্যতঃ শস্য চপোৱাৰ সময়ত পাঞ্জাৱী খেতিয়কসকলৰ দ্বাৰা কৰা হৈছিল। কৃষকসকলে কৃষিৰ কাম কৰি থকা অৱস্থাত সাধাৰণতে ভাংৰা পৰিৱেশন কৰিছিল। তেওঁলোকে কৃষি কৰা ঠাইতে ভাংৰা নৃত্য কৰিছিল। ইয়াৰ দ্বাৰা তেওঁলোকে আনন্দদায়ক ভাৱে তেওঁলোকৰ কাম শেষ কৰিব পৰিছিল। বৈশাখীৰ সময়ত তেওঁলোকৰ ঘেঁহুৰ শস্য চপোৱাৰ পিছত মানুহে ভাংৰা নাচি থাকোঁতে পিছলৈ ই সাংস্কৃতিক উৎসৱ হিচাপে পৰিগণিত হয়। বহু বছৰ ধৰি কৃষকসকলে সফলতাৰ অনুভূতি প্ৰদৰ্শন কৰিবলৈ আৰু শস্য চপোৱা ঋতুক আদৰণি জনোৱাৰ বাবে ভাংৰা প্ৰদৰ্শন কৰিছিল। উৎপত্তি পৰম্পৰাগত ভাংৰাৰ উৎপত্তি অনুমানমূলক। ধিলন (১৯৯৮)ৰ মতে ভাংৰা পাঞ্জাৱী নৃত্য 'বাগা'ৰ সৈতে সম্পৰ্কিত। বাগা নৃত্য হৈছে পঞ্জাৱৰ এক সমৰ নৃত্য। অৱশ্যে ভাংৰা লোক নৃত্যৰ উৎপত্তি মাঝা অঞ্চলৰ ছিয়ালকোট জিলাত হৈছিল। ছিয়ালকোট জিলাৰ গাওঁসমূহত নৃত্যৰত ভাংৰাৰ পৰম্পৰাগত ৰূপক মানদণ্ড হিচাপে গণ্য কৰা হৈছিল। ভাৰতৰ গুৰদাসপুৰ জিলাত পৰম্পৰাগত ভাংৰাৰ সামূহিক ৰূপ বজাই ৰখা হৈছে আৰু ভাৰতৰ পঞ্জাৱৰ হোচিয়াৰপুৰত বসতি স্থাপন কৰা লোকসকলে ইয়াৰ তত্ত্বাৱধান কৰিছে। পৰম্পৰাগত ভাংৰা এটা বৃত্তত পৰিৱেশন কৰা হয় আৰু পৰম্পৰাগত নৃত্যৰ ভংগী ব্যৱহাৰ কৰি পৰিৱেশন কৰা হয়। পৰম্পৰাগত ভাংৰা এতিয়া শস্য চপোৱাৰ বতৰৰ বাহিৰে আন অনুষ্ঠানতো কৰা হয়। গানহাৰ (১৯৭৫)ৰ মতে, ভাংৰা মাঝা অঞ্চলৰ ছিয়ালকোটত উদ্ভৱ হৈছিল। ই জম্মু অঞ্চলৰ ঐতিহ্যৰ অংশ হিচাপে বৈশাখীত নৃত্য কৰা হয়। গিদ্ধা আৰু লুড্ডিৰ দৰে অন্যান্য পাঞ্জাৱী লোক নৃত্যও জম্মুৰ ঐতিহ্য বহন কৰিছে। মানুহে এনে নৃত্য কৰিলে পাঞ্জাৱী ভাষাৰ প্ৰভাৱ দেখা যায়। জম্মু পঞ্জাৱ অঞ্চলৰ ভিতৰত পৰে আৰু পঞ্জাৱৰ সৈতে এক ঐতিহাসিক সম্পৰ্ক বজাই ৰাখে। বিৱৰ্তন ১৯৫০-ৰ দশকত পঞ্জাৱত মুক্ত ৰূপৰ পৰম্পৰাগত ভাংৰাৰ বিকাশ দেখা গৈছিল। ভাংৰা নৃত্যক পাটিয়ালাৰ মহাৰাজই পৃষ্ঠপোষকতা কৰিছিল আৰু তেওঁ ১৯৫৩ চনত ভাংৰাক মঞ্চত প্ৰদৰ্শনৰ বাবে অনুৰোধ কৰিছিল। এই শৈলীৰ প্ৰথম গুৰুত্বপূৰ্ণ বিকাশক আছিল সুনামৰ দীপক পৰিয়ালৰ (মনোহৰ, অৱতাৰ আৰু গুৰবচন) ভাতৃসকলৰ নেতৃত্বত এটা নৃত্য দল আৰু ঢোল বাদক ভানা ৰাম (2014). মঞ্চ প্ৰদৰ্শনৰ সময়ত মুক্ত ৰূপৰ পৰম্পৰাগত ভাংৰা বিকশিত হয়। এই নতুন ৰূপত পৰম্পৰাগত ভাংৰা ভংগীমা অন্তৰ্ভুক্ত কৰাৰ লগতে লগতে অন্যান্য পাঞ্জাৱী নৃত্যৰ ক্ৰম অন্তৰ্ভুক্ত থাকে, যেনে লুড্ডি, ঝুম্মাৰ, ধামাল, আৰু ঘাম লুড্ডি। পাঞ্জাৱী লোকগীত, বলিয়ান আদি মালৱাই গিদ্ধা পৰা অন্তৰ্ভুক্ত কৰা হৈছে। ১৯৫০ৰ দশকত পাটিয়ালাৰ মহিন্দ্ৰ মহাবিদ্যালয় জড়িত হৈ থকাৰ দৰে বহু দশক ধৰি ভাৰতৰ পঞ্জাৱত ভাংৰা নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। বৰ্তমান স্থিতি ভাংৰা পুৰুষীয় মূল্যবোধৰ এক গভীৰ সংহতিৰ সৈতে সংযোজিত। ইয়াৰে বেছিভাগ মূল্যবোধ শ্ৰম, উদ্যোগ আৰু কৃষি, আনুগত্য, স্বাধীনতা আৰু ব্যক্তিগত, ৰাজনৈতিক আৰু সামৰিক প্ৰচেষ্টাত সাহসিকতাৰ জৰিয়তে নিৰ্ধাৰণ কৰা হয়। ইয়াৰ লগতে পুৰুষত্ব, শক্তি আৰু সন্মানৰ বিকাশ আৰু অভিব্যক্তি ভাংৰাৰ সাধাৰণ বিষয়বস্তু। ভাংৰাই পুৰুষৰ আনুষ্ঠানিক প্ৰদৰ্শন আৰু পুৰুষ আৰু মহিলাৰ মাজত সাম্প্ৰদায়িক নৃত্য দুয়োটাৰ কথা উল্লেখ কৰিছিল। শেহতীয়া সময়ত সমগ্ৰ বিশ্বতে ভাংৰা নৃত্যয়ে প্ৰতিষ্ঠা লাভ কৰিছে। হিপ হপ, হাউচ আৰু ৰেগে শৈলীৰ সংগীতৰ সৈতে মিশ্ৰিত হোৱাৰ পিছত ই জনপ্ৰিয় এছিয়ান সংস্কৃতিক চিহ্ন হিচাপে পৰিগণিত হৈছে। সময়ৰ লগে লগে কিছুমান ভাংৰা ভংগীমা অভিযোজিত আৰু পৰিৱৰ্তন কৰা হৈছে কিন্তু ইয়াৰ মূলত সাংস্কৃতিক পৰিচয় আৰু পৰম্পৰাৰ অনুভূতি হৈ আছে। ভাংৰা মুখ্যতঃ পাঞ্জাৱী সংস্কৃতিত অভিন্ন অংগ। বহুলোকে বিবাহ, পাৰ্টি আৰু সকলো ধৰণৰ উদযাপনত আনন্দ আৰু মনোৰঞ্জনৰ উৎস হিচাপে ভাংৰা প্ৰদৰ্শন কৰে। বহুলোকে ব্যায়ামৰ উৎস হিচাপে ভাংৰাও কৰে। ই ব্যায়ামাগাৰ বা জিমৰ বাবে এক উৎকৃষ্ট প্ৰতিষ্ঠাপন। পৰম্পৰাগতভাৱে, ভাংৰা পুৰুষৰ দ্বাৰা নৃত্য কৰা হয় কিন্তু বৰ্তমান পুৰুষ আৰু মহিলা উভয়ে এই নৃত্যত অংশগ্ৰহণ কৰে। ভাংৰাত মহিলা বৰ্তমান সময়ত বহুতো নৱপ্ৰজন্মৰ পাঞ্জাৱী মহিলাসকলে ভাংৰাৰ জৰিয়তে তেওঁলোকৰ সংস্কৃতিৰ সৈতে সংযোগ স্থাপন কৰিছে। ডি জে ৰেখা দক্ষিণ এছিয়াৰ প্ৰথম মহিলা সকলৰ মাজৰ এগৰাকী যিয়ে বেচমেণ্ট ভাংৰা পাৰ্টিৰ পৰিচয় দি আমেৰিকা যুক্তৰাষ্ট্ৰত ভাংৰালৈ জনপ্ৰিয়তা আনিছিল। বহুতো বিশ্ববিদ্যালয় আৰু কমিউনিটি ক্লাবে তেওঁলোকৰ নিজা ভাংৰা দল গঠন কৰিছে। ইয়াৰে বেছিভাগ দলতে বিভিন্ন পৃষ্ঠভূমিৰ পৰা অহা বিভিন্ন ধৰণৰ পুৰুষ আৰু মহিলা অন্তৰ্ভুক্ত থাকে। বহুতে সৰু ল'ৰা-ছোৱালীক ভাংৰা শিকোৱাৰ মানসিকতাৰ সৈতে ভাংৰা ক্লাব সৃষ্টি কৰিছে লগতে এই কাৰ্যসূচীবোৰে সৰু ল'ৰা-ছোৱালীক স্বাস্থ্যৱান হৈ থকাত আৰু ভাংৰা সংস্কৃতিৰ সৈতে সংযুক্ত হৈ থকাত সহায় কৰিছে। চাৰিনা জৈন ভাংৰা ফিটনেছ ৱৰ্কআউট বা ব্যায়ামৰ সৃষ্টি কৰিছিল আৰু ইয়াক এতিয়া মচলা ভাংৰা ৱৰ্কআউট বুলি জনা যায়। এই ব্যায়ামে সমগ্ৰ বিশ্বৰ বহু লোকক ভাংৰাৰ সৈতে সম্পৰ্কিত মৌলিক ভংগীমা শিকাইছে আৰু ইয়াৰ ফলত তেওঁলোকে নিজৰ ঘৰৰ আৰামত ভাংৰা শিকিব পাৰিছে। ৰাণীয়ান দি ৰৌনাক 'ৰাণীয়ান দি ৰৌনাক' ভাৰতৰ প্ৰথম সৰ্ব-মহিলা ভাংৰা প্ৰতিযোগিতা। মহিলা ভাংৰা প্ৰদৰ্শনকাৰীৰ প্ৰাচুৰ্যৰ সৈতেও বহুতে এই নৃত্যৰূপক কেৱল পুৰুষসুলভ বুলি বিবেচনা কৰে। ঐতিহাসিকভাৱে মহিলাসকলে ভাংৰা কৰাৰ অধিকাৰৰ বাবে যুঁজ দি আহিছে। ভাংৰা অনুষ্ঠানত প্ৰতিযোগিতা কৰা বহুতো মহিলাক পুৰুষ প্ৰদৰ্শনকাৰীসকলৰ বাবে প্ৰস্তুত কৰা মানদণ্ড অনুসৰি বিচাৰ কৰা হয়। ৰাণীয়ান দি ৰৌনাকে কেৱল মহিলাৰ বাবে বা ট্ৰান্সজেণ্ডাৰ বা ননবাইনেৰী হিচাপে পৰিচয় দিয়া সকলৰ বাবে এটা ভাংৰা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। এই প্ৰতিযোগিতাখনে মহিলাসকলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ আৰু সমানে বিচাৰ কৰাৰ ক্ষমতা থকাৰ বাবে এক সুৰক্ষিত স্থান প্ৰদান কৰিছে। চিত্ৰ মালা তথ্য উৎস লগতে পঢ়ক 1998. 2016. 2010. 2013. 4(3): 384–412. বাহ্যিক সংযোগ ভাৰতৰ
78573
https://as.wikipedia.org/wiki/%E0%A6%AF%E0%A6%BE%E0%A6%A6%E0%A7%81%20%28%E0%A6%B9%E0%A7%87%E0%A7%B0%E0%A7%80%20%E0%A6%AA%E0%A6%9F%E0%A6%BE%E0%A7%B0%29
যাদু (হেৰী পটাৰ)
জে কে ৰাউলিঙৰ হেৰী পটাৰ শৃংখলাত যাদুক এক অতিপ্ৰাকৃতিক শক্তি হিচাপে দেখুওৱা হৈছে যাক প্ৰকৃতিৰ সাধাৰণ নিয়মবোৰৰ তাৰতম্য ঘটাবলৈ ব্যৱহাৰ কৰিব পাৰি। শৃংখলাটোত বহুতো কাল্পনিক যাদুকৰী প্ৰাণী বিদ্যমান। আনহাতে সাধাৰণ প্ৰাণীবোৰেও কেতিয়াবা যাদুকৰী গুণাগুণ প্ৰদৰ্শন কৰে। ইয়াত যাদুকৰী সামগ্ৰীৰো বৰ্ণনা কৰা হৈছে। যাদু কৰিব পৰা কম সংখ্যক মানুহে (ডাইনী আৰু যাদুকৰ) যাদুৰ অস্তিত্বৰ প্ৰতি অজ্ঞাত বাকী লোকসকলক যুক্তৰাজ্যত মাগোল আৰু আমেৰিকা যুক্তৰাজ্যত নো-মেজ বুলি কয়। মানুহৰ ক্ষেত্ৰত, যাদু বা ইয়াৰ অভাৱ হৈছে এক জন্মগত গুণ। ইয়াক সাধাৰণতে উত্তৰাধিকাৰসূত্ৰে লাভ কৰা যায় আৰু "প্ৰভাৱশালী স্থিতিস্থাপক জিন"ত বহন কৰা হয়।যাদু হৈছে যাদুকৰী দম্পতীৰ সন্তানৰ বাবে সাধাৰণ আৰু মাগোলৰ সন্তানৰ ক্ষেত্ৰত ব্যতিক্ৰম। ইয়াৰ ব্যতিক্ৰমো দেখা যায়। যেনে: যাদুকৰী পিতৃ-মাতৃৰ ঘৰত জন্ম হোৱা কিন্তু যাদু কৰিব নোৱাৰা লোকসকলক স্কুইব বুলি কোৱা হয়। আনহাতে মাগোল পিতৃ-মাতৃৰ পৰা জন্ম হোৱা ডাইনী বা যাদুকৰক মাগোলজাত বা উপলুঙাসূচক শব্দ মাডব্লাড বুলি জনা যায়। মাগোলৰ ঘৰত জন্ম গ্ৰহণ কৰা লোক সচৰাচৰ পোৱা যায় যদিও স্কুইবৰ উদাহৰণ অতি বিৰল। ৰাউলিঙৰ হেৰী পটাৰ বিশ্বৰ বহুতো যাদুকৰী উপাদান বাস্তৱ জগতৰ পৌৰাণিক কাহিনী আৰু যাদুৰ ওপৰত আধাৰিত। তেওঁ ইয়াক হেৰী পটাৰ "বিশ্বখনক এক কাঠামো দিয়াৰ এটা উপায়" বুলি বৰ্ণনা কৰিছে। গ্ৰন্থসমূহত উপস্থাপন কৰা ধাৰণাটো এই যে উক্ত যাদুকৰী কাহিনীবোৰৰ মাগোলসকলে কৰা ব্যাখ্যা হৈছে যাদুকৰী পৃথিৱীত কি চলি আছে তাৰ এক বিকৃত সংস্কৰণ। হেৰী পটাৰৰ যাদু ২০১৭ চনৰ ব্ৰিটিছ লাইব্ৰেৰীৰ প্ৰদৰ্শনী আৰু ইয়াৰ সৈতে থকা তথ্যচিত্ৰৰ বিষয় হৈ পৰিছিল। হেৰী পটাৰ: এ হিষ্ট্ৰী অৱ মেজিক শীৰ্ষক এই প্ৰদৰ্শনীখন এগৰাকী জীৱিত লেখিকাৰ এটা শৃংখলাৰ দ্বাৰা অনুপ্ৰাণিত হোৱা ব্ৰিটিছ লাইব্ৰেৰীৰ প্ৰদৰ্শনীৰ প্ৰথম উদাহৰণ। যাদুৰ ব্যৱহাৰ ডাইনী (যাদুকৰী) আৰু যাদুকৰসকলে তেওঁলোকৰ যাদু কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে তাক শিকিবলৈ প্ৰশিক্ষণ গ্ৰহণ কৰে। সৰু আৰু অপ্ৰশিক্ষিত শিশুৰ ক্ষেত্ৰত যাদুৱে তীব্ৰ শংকা, ভয়, খং আৰু দুখৰ মুহূৰ্তত অৱচেতনভাৱে নিজকে প্ৰকাশ কৰে। উদাহৰণ স্বৰূপে, হেৰী পটাৰে এবাৰ আপচুকৈ চুলি কাটি পুনৰাই চুলি গজাইছিল আৰু মাহীয়েক মাৰ্জক এক বিশাল আকাৰলৈ ওফোন্দাই তুলিছিল। এই প্ৰতিক্ৰিয়াসমূহ সাধাৰণতে নিয়ন্ত্ৰণহীন হয় যদিও এজন অপ্ৰশিক্ষিত শিশু হিচাপে টম মাৰ্ভোলো ৰিডলে বস্তুবোৰ স্পৰ্শ নকৰাকৈ চলাচল কৰিবলৈ সক্ষম হৈছিল, জন্তুবোৰক প্ৰশিক্ষণ নিদিয়াকৈ তেওঁ বিচৰা কাম কৰিবলৈ বাধ্য কৰিছিল, তেওঁক বিৰক্ত কৰা লোকসকলৰ সৈতে "বেয়া ঘটনা ঘটাব" পাৰিছিল, বা ইচ্ছা কৰিলে তেওঁলোকক আঘাত কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও লিলি ইভান্সে ফুল ফুলা কাৰ্য নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল। প্ৰায় সকলো যাদু এডাল দণ্ডৰ ব্যৱহাৰেৰে কৰা হয়। যাদুদণ্ডবিহীন যাদুৰ বিষয়ত ৰাউলিঙে কয়: এজন যাদুকৰ বা যাদুকৰীয়ে কেৱল তেওঁৰ নিজৰ যাদুদণ্ডৰে সৰ্বশ্ৰেষ্ঠ যাদু কৰিব পাৰে। আন এজনৰ যাদুদণ্ড ব্যৱহাৰ কৰোঁত তেওঁৰ মন্ত্ৰ সাধাৰণতে যিমান শক্তিশালী হ'ব লাগে সিমান শক্তিশালী নহয়। গ্ৰন্থসমূহত যাদুৰ কাৰিকৰী বিৱৰণ অস্পষ্ট। হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অফ দ্য ফিনিক্সত চেভেৰাছ স্নেইপে এবাৰ হেৰী পটাৰক হেৰীৰ প্ৰথম অক্লুমেন্সি পাঠৰ সময়ত "সময় আৰু স্থানৰ গুৰুত্ব"ৰ বিষয়ে কৈছিল। লকেট ৰূপত থকা হ’ৰক্ৰাক্সৰ কাষ চাপিবলৈ যাদুকৰীভাৱে লুকুৱাই ৰখা নাওখন বিচাৰি পোৱাৰ পিছত হেৰীক এল্বাছ ডাম্বলড'ৰে কৈছিল যে "যাদুৱে সদায় চিন এৰি যায়, কেতিয়াবা অতি স্পষ্ট চিন।" মন্ত্ৰ প্ৰয়োগ মন্ত্ৰ হৈছে যাদুকৰ বা যাদুকৰীৰ সঁজুলি বা সমল। একো একোটা বিশেষ কাম যেনে তলা খোলা বা জুই সৃষ্টি কৰাৰ বাবে মন্ত্ৰৰ ব্যৱহাৰ কৰা হয়। সাধাৰণতে মন্ত্ৰৰ বাবে প্ৰায়ে পৰিৱৰ্তিত ৰূপৰ লেটিন মন্ত্ৰোচ্ছাৰণৰ প্ৰয়োজন হয় আৰু যাদুদণ্ডৰ সঞ্চালন কৰা হয়। অৱশ্যে, ৰাউলিঙে প্ৰকাশ কৰিছে যে বিশেষকৈ প্ৰতিভাশালী যাদুকৰসকলে যাদুদণ্ডৰ সহায় অবিহনে মন্ত্ৰ প্ৰক্ষেপ কৰিব পাৰেড যদিও যাদুণ্ডৰ প্ৰয়োগৰ দ্বাৰা উৎপাদিত যাদু সাধাৰণতে অধিক সঠিক আৰু শক্তিশালী। মন্ত্ৰসমূহ যাদুদণ্ডৰ সহায়ত অ-মৌখিকভাৱেও প্ৰক্ষেপ কৰিব পাৰি। এই বিশেষ কৌশলটো হগৱাৰ্টছত অধ্যয়নৰ ষষ্ঠ বৰ্ষত শিকোৱা হয় আৰু মন্ত্ৰ প্ৰয়োগ কৰোঁতাজনক মন্ত্ৰোচ্ছাৰণতত মনোনিবেশ কৰাৰ প্ৰয়োজন হয়। কিছুমান মন্ত্ৰ (যেনে লেভিকৰ্পাছ) স্পষ্টতঃ অ-মৌখিকভাৱে ব্যৱহাৰ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। যদিও গ্ৰন্থসমূহত বৰ্ণনা কৰা বেছিভাগ যাদুৰ বাবে প্ৰয়োগ কৰোঁতাজনে তেওঁৰ কণ্ঠস্বৰ ব্যৱহাৰ কৰিব লাগে যদিও কিছুমানে সেয়া নকৰে (আৰু ই যাদুকৰী বা যাদুকৰগৰাকীৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে)। ডাম্বলড’ৰে কথা নোকোৱাকৈ আকৰ্ষণীয় যাদু কৰে বুলি জনা যায়। যেনে সমগ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পৰ্যাপ্ত বেঙুনীয়া শ্লিপিং বেগ নিৰ্মাণ কৰা বা অৰ্ডাৰ অফ দ্য ফিনিক্সৰ শেষৰ ফালে ভলডেমৰ্টৰ সৈতে তেওঁৰ দ্বৈত যুদ্ধৰ সময়ত এয়া দেখা পোৱা যায়। যাদুদণ্ডডাল ধৰি নৰখাকৈও ব্যৱহাৰ কৰা সম্ভৱ। অৰ্ডাৰ অফ দ্য ফিনিক্সত হেৰীয়ে নিজেই তেওঁৰ ওচৰৰ কৰবাত মাটিত পৰি থকা দণ্ডডালৰ সহায়ত লুমোচ যাদুৰ প্ৰয়োগ কৰে। ইয়াৰ উপৰিও, এনিমেগি আৰু মেটামৰ্ফমেগিক তেওঁলোকৰ ৰূপ পৰিৱৰ্তনৰ বাবে যাদুদণ্ডৰ প্ৰয়োজন নাই। মন্ত্ৰবোৰক মূলতঃ "সন্মোহন", "অভিশাপ", "হেক্স", বা "জিংকচ" আদি শ্ৰেণীত বিভক্ত কৰা হয়। আক্ৰমণাত্মক আৰু সম্ভাৱ্য বিপদজনক বহুসংখ্যক অভিশাপ বিদ্যমান যদিও তিনিটা অভিশাপক কেৱল বেয়াৰ বাবে ব্যৱহাৰযোগ্য বুলি গণ্য কৰা হয়। এই তিনিওটাক একেলগে "অক্ষমনীয় অভিশাপ"ৰ বিশেষ শ্ৰেণীত ৰখা হয়। যাদুৰ সীমাৱদ্ধতা হেৰী পটাৰ শৃংখলাৰ প্ৰথমখন উপন্যাস প্ৰকাশ কৰাৰ আগতে ৰাউলিঙে যাদুৰ সীমাবদ্ধতা প্ৰতিষ্ঠা কৰিবলৈ অৰ্থাৎ ই কি কৰিব পাৰে আৰু কি কৰিব নোৱাৰে তাক নিৰ্ধাৰণ কৰিবলৈ পাঁচ বছৰ অতিবাহিত কৰিছিল। তেওঁৰ মতে (২০০০ চন), "আপুনি যেতিয়া এক কল্পনাৰ পৃথিৱী সৃষ্টি কৰি আছে এইটো সিদ্ধান্ত লোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ,"…."চৰিত্ৰবোৰে কি কৰিব নোৱাৰে।" উদাহৰণ স্বৰূপে, যদিও যিকোনো বস্তু বতাহৰ পৰা উৎপন্ন কৰা সম্ভৱ, সঠিক নিৰ্দিষ্টকৰণৰ সৈতে খাপ খোৱা কিবা এটা সৃষ্টি কৰাটো অধিক জটিল; তদুপৰি এনেদৰে প্ৰস্তুত কৰা যিকোনো বস্তুৱেই স্থায়ী নহয়। মৃত্যু ৰাউলিঙে মৃত্যুক গ্ৰন্থসমূহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় বস্তু হিচাপে বৰ্ণনা কৰিছে। ফলস্বৰূপে, হেৰী পটাৰ এণ্ড দ্য গবলেট অফ ফায়াৰত ডাম্বলড’ৰে কোৱাৰ দৰে এনে কোনো মন্ত্ৰ নাই যিয়ে সঁচাকৈয়ে মৃতকক পুনৰ জীৱিত কৰিব পাৰে। অৱশ্যে মৃতদেহবোৰ জীৱিত যাদুকৰে আজ্ঞাকাৰী ইনফেৰীলৈ ৰূপান্তৰিত কৰিব পাৰি। সেইবোৰ জম্বিতকৈ অলপ উন্নত আৰু ইহঁতৰ নিজৰ কোনো আত্মা বা ইচ্ছা নাই। অৱশ্যে, মৃতকৰ সৈতে যোগাযোগ কৰাৰ কিছুমান পদ্ধতি আছে যদিও তাৰ ফলাফল সীমিত। উদাহৰণ স্বৰূপে, হগৱাৰ্টছৰ সকলো প্ৰধান শিক্ষকে মৃত্যুৰ পিছত এখন প্ৰতিকৃতিত আৱিৰ্ভাব হয় আৰু ভৱিষ্যত প্ৰজন্মই তেওঁলোকৰ পৰা পৰামৰ্শ লয়। প্ৰাইৰি ইনকেণ্টেটম প্ৰভাৱৰ জৰিয়তে যাদুকৰীভাৱে হত্যা কৰা লোকসকলৰ ভূতসদৃশ ছাঁয়া বা প্ৰতিকৃতিৰ সৈতে কথা পতাটো সম্ভৱ। পুনৰুত্থান পাথৰে মৃতকৰ সৈতে কথা পাতিবলৈও সুবিধা প্ৰদান কৰে কিন্তু যিসকলক পাথৰটোৱে ঘূৰাই আনে তেওঁলোক ভৌতিক বা স্পৰ্শ কৰিব পৰা নহয়, বা তেওঁলোকে তেওঁলোকৰ শান্তিপূৰ্ণ বিশ্ৰামৰ পৰা বিচলিত হ'ব নিবিচাৰে। গোটেই শৃংখলাটোত এই সীমাটো নিৰন্তৰ উল্লেখ কৰা হৈছে আৰু যাদুকৰসকলে তেওঁলোকৰ নিজৰ বিপদত ইয়াক অতিক্ৰম কৰিবলৈ চেষ্টা কৰে। একেদৰে জীৱন বজাই ৰাখিবলৈ কোনো মহান শক্তিৰ সামগ্ৰী যেনে ফিলছফাৰ্ছ ষ্টোন বা হ’ৰক্ৰাক্স ব্যৱহাৰ নকৰিলে নিজকে অমৰ কৰি তোলা সম্ভৱ নহয়। যদি এজন ব্যক্তি তিনিটা ডেথলী হেল’জৰ অধিকাৰী হয় তেন্তে তেওঁলোকৰ ওচৰত মৃত্যুৰ গৰাকী হোৱাৰ সঁজুলি থাকিব বুলি কোৱা হয়। কিন্তু এইটো ইংগিত দিয়া হৈছে যে এজন প্ৰকৃত মৃত্যুৰ গৰাকী হোৱাটো হৈছে মৃত্যু অনিবাৰ্য বুলি স্বীকাৰ কৰিবলৈ ইচ্ছুক হোৱা। জীৱন সম্প্ৰসাৰণৰ অন্যান্য পদ্ধতিবোৰৰ ভিতৰত আছে ইউনিকৰ্ণৰ তেজ খোৱা। ই মৃত্যু আসন্ন হ'লেও এজন ব্যক্তিক জীয়াই ৰাখিব কিন্তু চিৰদিনৰ বাবে তেওঁ অভিশপ্ত হৈ থাকিব। যাদুকৰী গুণৰ অধিকাৰী হোৱাটোৱে এজনৰ দীৰ্ঘজীৱনত অৰিহণা যোগাব পাৰে। কিয়নো শৃংখলাটোত কেইবাটাও চৰিত্ৰ আছে যিবোৰ অস্বাভাৱিকভাৱে দীৰ্ঘম্যাদী (যেনে গ্ৰিচেল্ডা মাৰ্চবেংকচ, যি আলবাছ ডাম্বলডোৰৰ অ'.ডব্লিউ.এল পৰীক্ষাৰ সময়ত এজন ইনভিজিলেটৰ আছিল)। পঞ্চম গ্ৰন্থখনত প্ৰায় মুণ্ডহীন নিকৰ দ্বাৰা কোৱা হৈছে যে সকলো যাদুকৰী আৰু যাদুকৰৰ মৃত্যুৰ পিছত ভূত হোৱাৰ বিকল্প আছে। অৱশ্যে ইয়াক জীৱনৰ এক শেঁতা অনুকৰণ বুলি বৰ্ণনা কৰা হৈছে। স্নেইপে কৈছে যে এটা ভূত কেৱল "পৃথিৱীত এৰি থোৱা বিদেহী আত্মাৰ ছাপ।" মৃত্যুৰ বিষয়ে ৰহস্য বিভাগত এটা ৰহস্যময় আৱৰণ থকা কোঠাত অধ্যয়ন কৰা হয়। ইয়াক ৰাউলিঙে জীৱন আৰু মৃত্যুৰ মাজৰ বিভাজন বুলি বৰ্ণনা কৰিছে। আৱৰণৰ আনফালে কি আছে সেই সন্দৰ্ভত তেওঁ এইদৰে কৈছিল: "মই বিশ্বাস কৰোঁ নেকি যে আপুনি আগবাঢ়ি যাওক? হয়, মই বিশ্বাস কৰোঁ আপুনি আগবাঢ়ি যাওক। মই পৰৱৰ্তী জীৱনত বিশ্বাস কৰোঁ, যদিও মই সম্পূৰ্ণৰূপে সন্দেহত আক্ৰান্ত আৰু সদায়েই হৈ আহিছোঁ কিন্তু আপুনি তাতেই আছে।" অৰ্ডাৰ অফ দ্য ফিনিক্সত বেলাট্ৰিস্কৰ অভিশাপত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত চিৰিয়াছ ব্লেক এই আৱৰণৰ মাজেৰে সোমাই পৰে। গেম্পৰ মৌলিক ৰূপান্তৰৰ সূত্ৰৰ ব্যতিক্ৰম গেম্পৰ মৌলিক ৰূপান্তৰৰ সূত্ৰৰ মুখ্য ব্যতিক্ৰম হৈছে এক যাদুকৰী তত্ত্ব। হাৰমাইনিয়ে ইয়াক প্ৰথম উল্লেখ কৰিছিল আৰু পিছত ৰনে অন্তিম গ্ৰন্থখনত ইয়াৰ পুনৰাবৃত্তি কৰিছে। তেওঁ বৰ্ণনা কৰিছে যে যাদুকৰী বা যাদুকৰসকলে যাদু ব্যৱহাৰ কৰি খাদ্য ৰান্ধিব আৰু প্ৰস্তুত কৰিব পাৰে আৰু আনকি ইয়াক বহুগুণে বৃদ্ধি কৰিব পাৰে, কিন্তু শূন্যৰপৰা ইয়াক সৃষ্টি কৰিব নোৱাৰে। শৃংখলাটোত খাদ্যৰ এনে বহুতো উদাহৰণ আছে যিবোৰ একোৰে পৰা উদ্ভৱ হোৱা দেখা নাযায়, যেনে মলি ৱিজলীৰ পাকঘৰৰ পাত্ৰত হঠাতে খাদ্য সামগ্ৰী আৱিৰ্ভাব হয় আৰু প্ৰফেচাৰ মেকগোনাগালে চেম্বাৰ অফ চিক্ৰেটছত হেৰী আৰু ৰনৰ বাবে এক স্বয়ম্ভূভাৱে পূৰ হৈ পৰা চেণ্ডউইচৰ প্লেটৰ সৃষ্টি কৰে। সকলো ক্ষেত্ৰতে এই ঘটনাবোৰ যুক্তিসঙ্গতভাৱে বৰ্ণনা কৰিব পাৰি। এই ক্ষেত্ৰত খাদ্য হয়তো বহুগুণ কৰা হয় বা আন ঠাইৰ পৰা পৰিবহণ কৰা হয়। পৰিবহণৰ এটা উদাহৰণ হ'ল হগৱাৰ্টছত খোৱা খাদ্যসমূহ। ইয়াক ৰান্ধনীশালত থকা এল্ভবোৰে প্ৰস্তুত কৰে আৰু মূল হলঘৰটোৰ প্ৰকৃত মেজকেইখনৰ পোনপটীয়াকৈ তলত থকা চাৰিখন প্ৰতিলিপি মেজত ৰাখে। খাদ্যখিনি তেতিয়া যাদুকৰীভাৱে প্ৰকৃত মেজকেইখনলৈ পৰিবহণ কৰা হয়। শৃংখলাটোত স্পষ্টভাৱে উল্লেখ কৰা এইটোৱেই একমাত্ৰ ব্যতিক্ৰম। অৱশ্যে ৰাউলিঙে নিজেই এবাৰ এটা সাক্ষাৎকাৰত কৈছিল যে ধন হৈছে এনে এক বস্তু যিটো কেৱল শূন্যৰ পৰা বাস্তৱায়িত হ'ব নোৱাৰে।এনে হ’লে যাদুবিশ্বৰ অৰ্থনৈতিক ব্যৱস্থা গুৰুতৰভাৱে ত্ৰুটিপূৰ্ণ আৰু ব্যাহত হ'ব। যদিও ফিলোচফাৰ্ছ ষ্ট'নৰ সহায়ত ধাতুবিদ্যাৰে এই কাম কৰিব পাৰি, সেয়ে হ’লেও ইয়াক অতি বিৰল আৰু অনন্য বস্তু হিচাপে চিত্ৰিত কৰা হৈছে যাৰ গৰাকীয়ে ইয়াৰ শক্তি ব্যৱহাৰ নকৰে। আবেগ আগতে উল্লেখ কৰাৰ দৰে কমবয়সীয়া অপ্ৰশিক্ষিত যাদুকৰসকলে আৱেগৰ উচ্চ শিখৰত থাকিলে অনিয়ন্ত্ৰিত যাদু আৰম্ভ কৰিব পাৰে। কিন্তু আৱেগে প্ৰশিক্ষিত যাদুকৰী-যাদুকৰ আৰু তেওঁলোকৰ যাদুকৰী সামৰ্থ্যকো প্ৰভাৱিত কৰে। উদাহৰণ স্বৰূপে, হাফ-ব্লাড প্ৰিন্সত, ৰেমাছ লুপিনে নিম্ফেডোৰা টংকছৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ আৰম্ভ কৰে তেতিয়াই ভগ্ন হৃদয়ৰ টংকছে অস্থায়ীভাৱে মেটামৰ্ফমাগাছ হিচাপে নিজৰ শক্তি হেৰুৱায়। তাইৰ হতাশা প্ৰতিফলিত কৰিবলৈ তাইৰ পেট্ৰনাছকৰ ৰূপ সলনি হয়। আন এটা উদাহৰণ হৈছে মেৰোপ গণ্ট, যি কেৱল দেউতাকৰ অত্যাচাৰৰ পৰা আঁতৰত যিকোনো যাদুকৰী ক্ষমতা প্ৰদৰ্শন কৰিছিল, কিন্তু তাৰ পিছত তেওঁৰ স্বামীয়ে তেওঁক এৰি দিয়াৰ পিছত এই ক্ষমতা পুনৰ হেৰুৱাইছিল। কেইবাটাও যাদুকৰী মন্ত্ৰৰ বাবে কিছুমান আৱেগৰ ব্যৱহাৰৰ প্ৰয়োজন হয়। উদাহৰণ স্বৰূপে, পেট্ৰনাছ মন্ত্ৰৰ বাবে প্ৰক্ষেপকাৰীগৰাকীয়ে এক সুখী স্মৃতিত মনোনিবেশ কৰিব লাগে। ইচ্ছাশক্তিৰ বল চৰম পৰিস্থিতিত যথেষ্ট সহায় কৰে। ইয়াৰ এটা উদাহৰণ হ'ল যেতিয়া চিৰিয়াছক ডিমেণ্টৰৰ চুম্বন প্ৰদান কৰাৰ দৰে বিপদ উপস্থিত হয় হেৰীয়ে এক ভৌত পেট্ৰনাছ প্ৰক্ষেপ কৰিবলৈ সক্ষম হয়। আন এটা উদাহৰণ হৈছে ক্ৰুচিয়েটাছ অভিশাপ যি অপৰিসীম বেদনাৰ সৃষ্টি কৰে। বেলাট্ৰিস্ক লেষ্ট্ৰেঞ্জৰ সৈতে দ্বৈত যুদ্ধৰ সময়ত হেৰীয়ে আৱিষ্কাৰ কৰে যে এই নিষিদ্ধ ক’লা যাদুৰ কাৰ্যকৰী ব্যৱহাৰৰ বাবে অত্যাচাৰী আকাংক্ষাৰ প্ৰয়োজন। প্ৰেমক (ইয়াৰ আটাইতকৈ বহল অৰ্থত) যাদুৰ এক বিশেষ শক্তিশালী ৰূপ হিচাপে দেখুওৱা হৈছে। ডাম্বলডোৰৰ মতে, প্ৰেম হৈছে এক "প্ৰকৃতিৰ শক্তিতকৈ মানুহৰ বুদ্ধিমত্তাতকৈ মৃত্যুতকৈ অধিক আশ্চৰ্যকৰ আৰু ভয়ংকৰ শক্তি।" হেৰীৰ হৈ লিলিৰ স্বেচ্ছামূলক ত্যাগে তেওঁক শিশু হিচাপে ভলডেমৰ্টৰ পৰা ৰক্ষা কৰে আৰু হেৰীয়ে ডেথলী হেল’জৰ শেষত তেওঁৰ বন্ধুবৰ্গক বচাবলৈ একে ধৰণৰ ত্যাগ কৰে। শৃংখলাটোৰ এটা নিৰ্দিষ্ট গুৰুত্বপূৰ্ণ ভৱিষ্যতবাণীত প্ৰেমক "ডাৰ্ক লৰ্ডে নজনা শক্তি" বুলি বৰ্ণনা কৰা হৈছে। প্ৰকৃত প্ৰেম যাদুকৰীভাৱে সৃষ্টি কৰাটো অসম্ভৱ; এমৰ্টেণ্টিয়া নামৰ এক প্ৰেমৰ ৰসায়নে কেৱল মোহ আৰু আবেশৰ এক শক্তিশালী অনুভূতি সৃষ্টি কৰিব পাৰে। যাদুকৰী ক্ষমতাসমূহ এনিমেগি এনিমেগাছ বা এনিমেগি হৈছে এগৰাকী যাদুকৰী বা যাদুকৰ যি ইচ্ছামতে এক নিৰ্দিষ্ট জন্তু বা যাদুকৰী প্ৰাণীলৈ ৰূপান্তৰিত হ'ব পাৰে। এই ক্ষমতা জন্মগত নহয়: ইয়াক যাদুকৰী উপায়েৰে আহৰণ কৰিব লাগিব। সকলো এনিমেগিয়ে আইন অনুসৰি কেন্দ্ৰীয় কৰ্তৃপক্ষত পঞ্জীয়ন কৰিব লাগে যদিও শৃংখলাটোত বিভিন্ন সময়ত কেইবাটাও চৰিত্ৰ অবৈধভাৱে পঞ্জীয়ন নকৰা বুলি প্ৰকাশ পাইছে। এইকেইটা হৈছে জেমছ পটাৰ, চিৰিয়াছ ব্লেক, পিটাৰ পেটিগ্ৰু আৰু ৰীতা স্কীটাৰ। মিনাৰ্ভা মেকগোনাগল এগৰাকী মন্ত্ৰালয় পঞ্জীভুক্ত এনিমাগাছ আৰু তেওঁৰ জন্তুৰূপ হৈছে এক প্ৰকাৰৰ মেকুৰী। এনিমেগি ৰূপান্তৰ যাদুদণ্ডৰ অবিহনে কৰিব পাৰি। চিৰিয়াছ আৰু পিটাৰক ১০ বছৰতকৈও অধিক সময় ধৰি যাদুদণ্ডহীন কৰি ৰখা হয়। কিন্তু দুয়োজনে কোনো স্পষ্ট কুপ্ৰভাৱ নোহোৱাকৈ এনিমেগাছৰ সামৰ্থ্য বজাই ৰাখে। যেতিয়া এনিমেগিয়ে ৰূপ পৰিৱৰ্তন কৰে তেতিয়া তেওঁলোকে সাধাৰণ জন্তু এটাৰ চেহেৰা গ্ৰহণ কৰে যদিও ইয়াৰ সকলো বৈশিষ্ট্য গ্ৰহণ নকৰে। হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অফ আজকাবানত এই কথা উল্লেখ কৰা হৈছে যে ৰনৰ পোহনীয়া নিগনি স্কেবাৰ্ছে (পিছত পিটাৰ পেটিগ্ৰুৰ এনিমেগাছ ৰূপ বুলি পোহৰলৈ আহে) নিগনি হিচাপে তিনি বছৰমানহে জীয়াই থাকিব লাগে যদিও বাৰ বছৰতকৈও অধিক সময় জীয়াই আছিল। লগতে প্ৰাণীৰ ৰূপত এনিমেগাছে মানুহৰ দৰে চিন্তা কৰাৰ সামৰ্থ্য বজাই ৰাখে। ই হৈছে এনিমেগাছ হোৱা আৰু সাধাৰণভাৱে জন্তুলৈ ৰূপান্তৰিত হোৱাৰ মাজত মুখ্য পাৰ্থক্য। এই সামৰ্থ্য অবিহনে তেওঁলোকে পাহৰি যাব যে তেওঁলোক এজন যাদুকৰ আৰু আন যাদুকৰৰ দ্বাৰা পিছলৈ প্ৰতি-ৰূপান্তৰ নকৰিলে অজ্ঞাতভাৱে জন্তুৰ ৰূপত আৱদ্ধ হৈ থাকিব। এনিমেগাছৰ মানৱ ৰূপৰ বিশেষত্ববোৰে প্ৰাণীৰ ৰূপটোতো নিজকে প্ৰকাশ কৰিব পাৰে। উদাহৰণস্বৰূপে, মেকগোনাগল আৰু ৰীতা স্কিটাৰৰ চকুৰ চাৰিওফালে তেওঁলোকৰ চশমাৰ দৰে চিহ্ন আছে। আনহাতে পেটিগ্ৰুৰ নিগনি ৰূপতো মানৱ ৰূপৰ দৰে সন্মুখৰ ভৰিৰ আঙুলি এটা নাই। পঞ্জীয়ন কৰাৰ সময়ত এনিমেগাছে তেওঁলোকৰ জন্তু ৰূপটোৰ সকলো নিৰ্ধাৰিত শাৰীৰিক বৈশিষ্ট্য লিপিবদ্ধ কৰিব লাগে যাতে মন্ত্ৰালয়ে সেইবোৰ চিনাক্ত কৰিব পাৰে। প্ৰত্যেক এনিমেগাছৰ এক নিৰ্দিষ্ট প্ৰাণীৰ ৰূপ থাকে আৰু ইয়াৰ বাহিৰে তেওঁলোক আন কোনো প্ৰাণীলৈ ৰূপান্তৰিত হ'ব নোৱাৰে। এই জন্তুটো বাছনি কৰিব নোৱাৰি আৰু ই সেই ব্যক্তিজনৰ ব্যক্তিত্বৰ সৈতে খাপখোৱা ৰূপ লয়। বেছিভাগ ক্ষেত্ৰত এনিমেগাছ ব্যক্তিজনৰ পেট্ৰনাছ চাৰ্মত ব্যৱহৃত জন্তুৰ ৰূপো একেই। মেটামৰ্ফমেগি মেটামৰ্ফমেগাছ এনে যাদুকৰী বা যাদুকৰ যি ইচ্ছা অনুসৰি তেওঁলোকৰ আংশিক বা সম্পূৰ্ণ চেহেৰা সলনি কৰাৰ সহজাত ক্ষমতাৰ সৈতে জন্ম হয়। এই প্ৰতিভা আহৰণ কৰিব নোৱাৰি। ই কেৱল জন্মগত। নিম্ফেডোৰা টংকছ আৰু তেওঁৰ পুত্ৰ টেডি লুপিন বৰ্তমান শৃংখলাটোৰ একমাত্ৰ জনাজাত মেটামৰ্ফমেগি। ই এক অতি বিৰল সামৰ্থ্য আৰু সম্ভৱতঃ বংশগত। টংকছে তেওঁৰ মেজাজ অনুসৰি চুলিৰ ৰং আৰু সজ্জা সলনি কৰে বুলি জনা যায়। তেওঁ আনকি কেতিয়াবা এগৰাকী বৃদ্ধা হিচাপেও দেখা দিয়ে। তেওঁ নিজৰ নাকৰ ৰূপো সলনি কৰিব পাৰে। টংকছৰ পুত্ৰ টেডি লুপিনেও এই বিশেষত্বটো উত্তৰাধিকাৰী হিচাপে পাইছিল। তেওঁৰ চুলিৰ ৰং বাৰে বাৰে সলনি হোৱা বুলি উল্লেখ কৰা হৈছে। এই ৰূপ সলনি কৰা ক্ষমতাৰ পৰিমাণ আৰু ইয়াৰ পৰিসীমা সম্পূৰ্ণৰূপে স্পষ্ট নহয়। ৰাউলিঙৰ মতে, মেটামৰ্ফমেগাছে তেওঁৰ চেহেৰা কৃষ্ণাংগৰ পৰা শ্বেতাংগলৈ, যুৱকৰ পৰা বৃদ্ধলৈ, সুন্দৰৰ পৰা সৰল আদিলৈ সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে। মেটামৰ্ফমেগাছৰ আৱেগিক অৱস্থাই তেওঁলোকৰ সামৰ্থ্যক প্ৰভাৱিত কৰিব পাৰে। ক'লা যাদু ক'লা যাদু বা ডাৰ্ক আৰ্ট হৈছে একপ্ৰকাৰৰ যাদুমন্ত্ৰ আৰু অনুশীলন যাক সাধাৰণতে ক্ষতিকাৰক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হয়। ক'লা যাদুৰ অনুশীলনকাৰীসকলক ক'লা যাদুকৰ বা যাদুকৰী বুলি কোৱা হয়। তেওঁলোকৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হৈছে ভলডেমৰ্ট যাক ডাৰ্ক লৰ্ড নামেৰে জনা যায়। ডেথ ইটাৰ নামেৰে জনাজাত তেওঁৰ অনুগামীসকলে তেওঁক অনুসৰণ কৰোঁতে ক'লা যাদুৰ অনুশীলন কৰে। ক'লা যাদুৰ বিশেষত্ব থকা মন্ত্ৰৰ প্ৰকাৰক অভিশাপ বুলি কোৱা হয় আৰু সাধাৰণতে লক্ষ্যবস্তুৰ ক্ষতি সাধন কৰে। কিছুমান পৰিস্থিতিত এক নিৰ্দিষ্ট পৰিমাণলৈকে ক'লা যাদু যুক্তিসঙ্গত। প্ৰক্ষেপকাৰীৰ অনুপ্ৰেৰণা বা মনোভাৱে অভিশাপৰ ফলাফলক প্ৰভাৱিত কৰে। ক্ৰুচিয়েটাছ অভিশাপৰ ক্ষেত্ৰত ই আটাইতকৈ উল্লেখযোগ্য। যেতিয়া হেৰীয়ে নিজৰ বেলাট্ৰিস্কৰ হাতত তেওঁৰ পালিত পিতৃৰ মৃত্যুত ক্ৰোধান্বিত হয় আৰু তেওঁক শাস্তি দিবলৈ বিচাৰে তেতিয়া ই ক্ষণিকৰ বাবে বেদনাৰ সৃষ্টি কৰে। বেলাট্ৰিস্কে নিজেই মন্তব্য কৰাৰ দৰে সাধাৰণ ক্ৰোধে মন্ত্ৰটোক দীৰ্ঘ সময়লৈ কাম কৰিবলৈ নিদিয়ে। যেতিয়া ভলডেমৰ্টৰ দৰে ব্যক্তিত্বৰ দ্বাৰা ইয়াক প্ৰক্ষেপ কৰা হয় যি নিজৰ স্বাৰ্থতে বেদনা দিব বিচাৰে, তেতিয়া ই তীব্ৰ যন্ত্ৰণাৰ সৃষ্টি কৰে আৰু ই ক'লা যাদুকৰী বা যাদুকৰে বিচৰা সময়লৈকে বৰ্তি থাকিব পাৰে। ক'লা যাদুৰ ব্যৱহাৰে আত্মা আৰু শৰীৰক কলুষিত কৰিব পাৰে। ভলডেমৰ্টে নিজৰ জীৱন দীৰ্ঘস্থায়ী কৰিবলৈ আৰু শক্তিৰ অন্বেষণত এনে যাদু ব্যৱহাৰ কৰিছে। ক'লা যাদুৰ ফলত ভলডেমৰ্টক বিকৃত আৰু অমানৱীয় যেন লাগে। এয়া হৈছে তেওঁ নিজৰ আত্মাক হ'ৰক্ৰাক্সত বিভক্ত কৰাৰ এক পাৰ্শ্বক্ৰিয়া। স্নেইপৰ মতে, ক'লা যাদুসমূহ "বহুতো, বিভিন্ন, সদায় পৰিৱৰ্তনশীল আৰু চিৰন্তন... অস্থিৰ, পৰিৱৰ্তনশীল, অবিনাশী।" যাদুকৰী দ্বৈত যুদ্ধত বহুসংখ্যক এনে মন্ত্ৰ আছে যাক বেদনা বা স্থায়ী ক্ষতি নকৰাকৈ প্ৰতিদ্বন্দ্বীক আক্ৰমণ, নিষ্ক্ৰিয় বা নীৰস্ত্ৰ কৰিবলৈ ব্যৱহাৰ কৰা হ'ব পাৰে। অৱশ্যে, ক্ৰুচিয়েটাছ অভিশাপ বা ছেক্টামচেম্প্ৰাৰ দৰে মন্ত্ৰক নিৰ্ভৰযোগ্য কৰ্তৃপক্ষৰ দ্বাৰা ক'লা যাদু বুলি বিচাৰ কৰা হয়। ক'লা যাদুৰ মন্ত্ৰবোৰক তিনিটা গোটত শ্ৰেণীবদ্ধ কৰিব পাৰি: জিংকচ, হেক্স আৰু অভিশাপ। তথ্য সংগ্ৰহ হেৰী
41304
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A7%B0%E0%A7%8E%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%20%E0%A6%9A%E0%A6%9F%E0%A7%8D%E0%A6%9F%E0%A7%8B%E0%A6%AA%E0%A6%BE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AF%E0%A6%BC
শৰৎচন্দ্ৰ চট্টোপাধ্যায়
শৰৎচন্দ্ৰ চট্টোপাধ্যায় (১৫ ছেপ্টেম্বৰ, ১৮৭৬ ১৬ জানুৱাৰী, ১৯৩৮) এজন বিখ্যাত বঙালী সাহিত্যিক। তেওঁৰ সাহিত্যকৰ্মৰ কাৰণে তেওঁক 'অপৰাজেয় কথাশিল্পী' আৰু 'সাহিত্য সম্ৰাট' প্ৰভৃতি নামেৰে জনাজাত। দেৱদাস আৰু শ্ৰীকান্ত তেওঁৰ উল্লেখযোগ্য ৰচনা। তেওঁৰ উপন্যাস আৰু চুটিগল্পসমুহত এক নতুনত্বৰ আমেজ পোৱা যায়। অনীলা দেৱী ছদ্মনামেৰে তেওঁ সাহিত্যচৰ্চা কৰিছিল। জন্ম আৰু পৰিয়াল শৰৎচন্দ্ৰ চট্টোপাধ্যায় ১৮৭৬ চনৰ ১৫ ছেপ্টেম্বৰত বেংগল প্ৰেচিডেন্সিৰ হুগলী জিলাৰ দেৱানন্দপুৰ গাঁৱত এক দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম মতিলাল চট্টোপাধ্যায় আৰু মাতৃৰ নাম ভুৱনমোহিনী দেৱী। পাঁচ ভাই-ভনীৰ মাজত শৰৎচন্দ্ৰ দ্বিতীয় আছিল। তেওঁৰ বায়েক অনীলা দেৱীৰ বাহিৰেও প্ৰভাসচন্দ্ৰ আৰু প্ৰকাশচন্দ্ৰ নামৰ দুই ভাই আৰু সুশীলা দেৱী নামৰ এজনী ভনীয়েক আছিল। দাৰিদ্ৰৰ কাৰণে মতিলালে স্ত্ৰী আৰু সন্তানকলৈ ভাগলপুৰৰ শহুৰৰ ঘৰত থাকিছিল। শৰৎচন্দ্ৰৰ শৈশৱৰ অধিকাংশ সময় এই চহৰতে কাটিছিল। শিক্ষাজীৱন শৰৎচন্দ্ৰৰ পাঁচ বছৰ বয়সকালত মতিলালে তেওঁক দেৱানন্দপুৰৰ প্যাৰী পণ্ডিতৰ পাঠশালাত ভৰ্ত্তি কৰে। তাত তেওঁ দুই-তিনি বছৰ শিক্ষালাভ কৰে। ইয়াৰ পিছত ভাগলপুৰ চহৰত থকা সময়ত তেওঁৰ মোমায়েকে স্থানীয় দুৰ্গাচৰণ বালক বিদ্যালয়ত ছাত্ৰবৃত্তিত ভৰ্তি কৰায়। ১৮৮৭ চনত শৰৎচন্দ্ৰ ভাগলপুৰ জিলা স্কুলত নাম লগায়। ১৮৮৯ চনত মতিলালৰ চাকৰী গুচি যোৱাত তেওঁ পৰিয়াল লগত লৈ দেৱানন্দপুৰলৈ ঘুৰি অহাত শৰৎচন্দ্ৰয়ে জিলা স্কুল ত্যাগ কৰে। তেতিয়া তেওঁ হুগলী ব্ৰাঞ্চ স্কুলত ভৰ্তি হয়, কিন্তু ১৮৯২ চনত দাৰিদ্ৰৰ বাবে স্কুলৰ মাচুল দিবলৈ নোৱাৰাৰ কাৰণে তেওঁক এই বিদ্যালয় ত্যাগ কৰিলগীয়া হয়। এই সময় তেওঁ 'কাশীনাথ' আৰু 'ব্ৰহ্মদৈত্য' নামৰ দুটি গল্প লিখিছিল। ১৮৯৩ চনত মতিলালে পুনৰায় ভাগলপুৰ ঘুৰি যোৱাত প্ৰতিৱেশী সাহিত্যিক তথা তেজনাৰায়ণ জুবিলী কলেজিয়েট স্কুলৰ শিক্ষক পাঁচকড়ি বন্দ্যোপাধ্যায়ে শিক্ষালাভৰ প্ৰতি শৰৎচন্দ্ৰৰ আগ্ৰহ লক্ষ্য কৰি তেওঁক বিদ্যালয়ত ভৰ্তি কৰাই দিয়ে। এই বিদ্যালয়ৰ পৰা ১৮৯৪ চনত দ্বিতীয় বিভাগত এন্ট্ৰেন্স পৰীক্ষা পাচ কৰি তেজনাৰায়ণ জুবিলী কলেজত ভৰ্তি হয়। এই সময়ত তেওঁ তেওঁৰ মাতামহৰ কনিষ্ঠ ভ্ৰাতা অঘোৰনাথৰ দুই পু্ত্ৰ সুৰেন্দ্ৰনাথ আৰু গিৰীন্দ্ৰনাথক প্ৰতি নিশা পঢ়াইছিল আৰু তাৰ বিনিময়ত অঘোৰনাথে তেওঁক কলেজত পঢ়িবলৈ প্ৰয়োজনীয় অৰ্থৰ যোগান ধৰিছিল। কিন্তু এফ.এ. পৰীক্ষাৰ মাচুল দিব নোৱাৰাৰ বাবে তেওঁ পৰীক্ষা দিবলৈ নোৱাৰিলে। কৰ্ম জীৱন কলেজ ত্যাগ কৰাৰ পিছত শৰৎচন্দ্ৰ ভাগলপুৰ চহৰৰ আদমপুৰ ক্লাবৰ সদস্যৰ লগত খেলাধুলা আৰু অভিনয় কৰি সময় অতিবাহিত কৰিছিল। সেই সময়ত প্ৰতিবেশী বিভূতিভূষণ ভট্টেৰ ঘৰত এটি সাহিত্যসভাৰ আয়োজন কৰা হৈছিল, যাৰ ফলশ্ৰুতিত তেওঁ 'বড়দিদি', 'দেৱদাস', 'চন্দ্ৰনাথ', 'শুভদা' ইত্যাদি উপন্যাস আৰু 'অনুপমাৰ প্ৰেম', 'আলো ও ছায়া', 'বোঝা', 'হৰিচৰণ' ইত্যাদি গল্প ৰচনা কৰিছিল। তেওঁ কিছুদিন বনেলী ৰাজ-ষ্টেটত চাকৰি কৰিছিল কিন্তু পিতাৰ ওপৰত কিবা কাৰণে অভিমানবশতঃ তেওঁ সন্ন্যাসী সাজি ঘৰ এৰি গুচি যায়। তেতিয়া তেওঁৰ পিতাৰ মৃত্যু হোৱাত তেওঁ ভাগলপুৰ ঘুৰি আহি পিতাৰ শ্ৰাদ্ধ সম্পন্ন কৰি কলকাতা যাত্ৰা কৰে। তেওঁ কলকাতা উচ্চ ন্যায়ালয়ৰ উকিল লালমোহন গঙ্গোপাধ্যায়ৰ ঘৰত হিন্দী কিতাপৰ ইংৰাজী তৰ্জমা কৰাৰৰ বাবে মাহিলী ৩০ টকাৰ চাকৰী পায়। সেই সময়ত তেওঁ 'মন্দিৰ' নামৰ এটি গল্প লিখি কুন্তলীন প্ৰতিযোগিতাত পঠিয়ালে আৰু বিজয়ী ঘোষিত হল। শেষ জীৱন ১৯৩৭ চনৰ পৰা শৰৎচন্দ্ৰ প্ৰায়েই অসুস্থ থাকিছিল। চিকিৎসকৰ পৰামৰ্শত তেওঁ স্বাস্থ্য উদ্ধাৰৰ উদ্দেশ্যে দেওঘৰত তিনি-চাৰি মাহ কটাই কলকাতা ঘূৰি আহি আকৌ অসুস্থ হৈ পৰে। সেই সময়ত তেওঁৰ যকৃতৰ কৰ্কট ৰোগ ধৰা পৰে, যি তেওঁৰ পাকস্থলী পৰ্যন্ত বিয়পি পৰিছিল। বিধান চন্দ্ৰ ৰয়, কুমুদশংকৰ ৰায় প্ৰভৃতি চিকিৎসকে তেওঁৰ অস্ত্ৰোপচাৰৰ পক্ষে মত দিয়ে। চিকিৎসাৰ বাবে তেওঁক প্ৰথমে দক্ষিণ কলকাতাৰ সাবাৰ্বান হস্পিটেল ৰ'ডৰ এটি ইউৰোপীয় নাৰ্চিং হোমত আৰু তাৰ পিছত ৪নং ভিক্টোৰিয়া টেৰাচত অৱস্থিত পাৰ্ক নাৰ্চিং হোমত ভৰ্তি কৰা হয়। ১৯৩৮ চনত ১২ জানুৱাৰীত শল্য চিকিৎসক ললিতমোহন বন্দ্যোপাধ্যায়ে তেওঁৰ অস্ত্ৰোপচাৰ কৰে, কিন্তু চাৰি দিন পিছতেই পুৱা দহটাত শৰৎচন্দ্ৰয়ে শেষ নিঃশ্বাস ত্যাগ কৰে। প্ৰকাশিত গ্ৰন্থৰাজি উপন্যাস নাটক ষোড়শী, ১৯২৮ ৰমা, ১৯২৮ বিৰাজ বৌ, ১৯৩৪ বিজয়া, ১৯৩৫ গল্প প্ৰবন্ধ চলচ্চিত্ৰায়ণ শৰৎচন্দ্ৰৰ সাহিত্য-কৰ্মক কেন্দ্ৰ কৰি ভাৰতীয় উপমহাদেশত এতিয়ালৈকে প্ৰায় ৫০ খন চলচ্চিত্ৰ বিভিন্ন ভাষাত নিৰ্মাণ কৰা হৈছে। তাৰ ভিতৰত 'দেৱদাস' উপন্যাসখন বঙালী, হিন্দী আৰু তেলেগু ভাষাত আঠবাৰ নিৰ্মাণ কৰা হৈছে। 'পৰিণীতা' দুবাৰ, ঋষিকেশ মুখাৰ্জী'ৰ 'মাঝলি দিদি' অন্যতম। তেওঁ স্বামী (১৯৭৭) চলচ্চিত্ৰৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ লিখকৰ পুৰস্কাৰ পাইছিল। 'বিন্দুৰ ছেলে' অৱলম্বনত 'ছোটি বহু' (১৯৭১) নামৰ খ্যাতনামা চলচ্চিত্ৰ নিৰ্মাণ হয়। ১৯৭৬ চনত 'দত্তা' চলচ্চিত্ৰত সুচিত্ৰা সেন আৰু সৌমিত্ৰ চট্টোপাধ্যায় প্ৰধান চৰিত্ৰত অভিনয় কৰিছিল। তদুপৰি তেওঁৰ 'নৱবিধান' উপন্যাসৰ আলমত ২০১৩ চনত 'তুমহাৰী পাখি' নামৰ এখন ভাৰতীয় টিভি ধাৰাবাহিক নিৰ্মাণ কৰা হয়। তথ্য সংগ্ৰহ ভাৰতৰ ব্যক্তি মৃত ব্যক্তি বঙালী
7179
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A3%E0%A6%AA%E0%A7%81%E0%A7%B0
নাৰায়ণপুৰ
নাৰায়ণপুৰ ভাৰতৰ উত্তৰ পূৰ্বীয় ৰাজ্য অসমৰ লখিমপুৰ জিলাৰ এটা ৰাজহ চক্ৰ। এই ৰাজহ চক্ৰৰ কেন্দ্ৰস্থল নাৰায়ণপুৰ নগৰ। নাৰায়ণপুৰ অসমৰ বিহপু্ৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত। ভৌগোলিক অৱস্থান নাৰায়ণপুৰৰ ভৌগোলিক স্থানাংক ২৬°৫৯'৪৭উ: আৰু ৯৩°৫৩'৪৯পূ:, ই জিলা সদৰ উত্তৰ লখিমপুৰ পৰা প্ৰায় ৫৪ কি: মি: পশ্চিমে অৱস্থিত। নাৰায়ণপুৰৰ পূবে বিহপুৰীয়া, উত্তৰে বান্দৰদেৱা আৰু পশ্চিমে গহপুৰ, দক্ষিণ দিশত মহাবাহু ব্ৰহ্মপুত্ৰ। যোগাযোগ নাৰায়ণপুৰ ইয়াৰ মাজেৰে যোৱা ১৫ নং (পূৰ্ব্বৰ ৫২ নং) ৰাষ্ট্ৰীয় ঘাইপথেৰে জিলা সদৰ উত্তৰ লখিমপুৰ (৫৪ কি:মি:), ৰাজ্যিক সদৰ গুৱাহাটী(৩৩৭কি:মি:) আৰু কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ (প্ৰায় ৫০ কি:মি:) ৰ লগত সংযুক্ত। উত্তৰ লখিমপুৰ আৰু গুৱাহাটীৰ লগত ই উত্তৰ-পূব সীমান্ত ৰেলৱেৰেও সংযুক্ত। তাতিবাঁহাৰ ইয়াৰ নিকতৱৰ্তী ৰেল আস্থান। নিকতৱৰ্তী বিমানকোঠ হৈছে লীলাবাৰী (৫৮ কি:মি:)। বুৰঞ্জী নাৰায়ণপুৰক বৰ নাৰায়ণপুৰ হিচাপেও জনা যায়। নাৰায়ণপুৰ আহোমৰ ৰাজত্ব কালৰে পৰা অসমৰ এটুকুৰা বুৰঞ্জীপ্ৰসিদ্ধ ঠাই। ই তেতিয়া শোণিতপুৰ জিলাৰ কলাবাৰী অঞ্চললৈকে বিস্তৃত আছিল। বিভিন্ন বুৰঞ্জীবিদে নাৰায়ণপুৰ নামৰ উৎপত্তি ভিন্ন ধৰণে ব্যাখ্যা কৰিছে। ৰাজা ৰাম মোহন ৰায়ে তেওঁৰ গ্ৰন্থ ত নাৰায়ণপুৰ চুতীয়া ৰজা সত্যনাৰায়ণৰ অস্থায়ী ৰাজধানী আছিল বুলি উল্লেখ কৰিছে। আন কিছুমানৰ মতে নাৰায়ণপুৰত কোচ ৰজা নৰনাৰায়ণৰ সেনা চাউনি আছিল যাৰ বাবে ঠাইখনৰ নাম পাছত নাৰায়ণপুৰ হ’ল। ১৮শ শতিকাৰ মাজভাগত টাই খাম্তি সকল(বৃহত্তৰ টাই গোষ্ঠীৰ এটা ঠাল)ৰ নাৰায়ণপুৰলৈ প্ৰৱজন ঘতে। নাৰায়ণপুৰ বৰ অসমৰ এক অবিচ্ছেদ্য অংগ আছিল। কিন্তু এই অঞ্চলত আৰ্য সংস্কৃতিৰো প্ৰভাৱ অতীজৰে পৰা দেখা পোৱা গৈছিল। প্ৰাগৈতিহাসিক কালত নাৰায়ণপুৰ বাণৰজাৰ ৰাজ্যৰ অন্তৰ্গত আছিল। নাৰায়ণপুৰৰ বিভিন্ন স্থানত পুৰণি হিন্দু দেৱ দেৱীৰ প্ৰতিমা, মন্দিৰ আৰু বিভিন্ন ধৰণৰ ভাস্কৰ্য বিভিন্ন সময়ত আৱিস্কৃত হৈছে, ই অতীজত এই স্থানত কোনো এক সভ্য সংস্কৃতিৰ অৱস্থিতিৰ প্ৰমাণ বহন কৰে। ভাৰতীয় স্বাধীনতা আন্দোলনত ভূমিকা ভাৰতৰ স্বাধীনতা সংগ্ৰামত নাৰায়ণপুৰৰ অৱদান লেখত ল’বলগীয়া। মহাত্মা গান্ধীৰ নেতৃত্বৰ ভাৰতীয় স্বাধীনতা আন্দোলনত নাৰায়ণপুৰৰ বহুকেইজন নেতাই উদগণি যোগাইছিল। লীলা ভূঞা(চৰাইদলনী),থানেশ্বৰ গগৈ(মেৰমুখ), ৰাজখোৱা (ৰাইদঙীয়া), মদন চন্দ্ৰ ভূঞা (চৰাইদলনী) আছিল এই সকলৰ অন্যতম। উল্লেখযোগ্য স্থানসমূহ নাৰায়ণপুৰ মাধৱদেৱ, হৰিদেৱ, অনিৰুদ্ধদেৱ, বদলা পদ্ম আতাকে ধৰি বহুকেইজন বৈষ্ণৱ গুৰুৰ জন্মস্থান। নাৰায়ণপুৰৰ উল্লেখযোগ্য স্থান সমূহ হৈছে বেলগুৰি সত্ৰ, বদলা সত্ৰ, ফুলনি থান, বিষ্ণুবালিকুচি, দহঘৰীয়া সত্ৰ, বুদ্ধ বাপুচাঙ, মাঘনোৱা দ’ল, গোঁহাই কমল আলি, ৰাধাপুখুৰি, বুঢ়া বুঢ়ি পুখুৰি, ৰঙতি পুখুৰী, গোঁহাই পুখুৰী আদি। মাধৱদেৱৰ জন্মস্থান ১৪৮৯ খ্ৰীষ্টাব্দত শংকৰদেৱৰ প্ৰিয় শিষ্য বৈষ্ণৱ গুৰু মাধৱদেৱৰ নাৰায়ণপুৰত জন্ম হৈছিল নাৰায়ণপুৰ নগৰৰ কেন্দ্ৰস্থলৰ পৰা প্ৰায় ১৫ কি: মি: উত্তৰ পূবে বৰবালি নামৰ ঠাইৰ সমীপত মাধৱদেৱৰ জন্মস্থান অৱস্থিত। উল্লেখ্য যে ৰঙাজান আৰু লেতেকুপুখুৰীত (প্ৰায় ১ কিল'মিটাৰ দূৰত্বত) দুখন থান অৱস্থিত আৰু দুয়োখন থানে নিজকে গুৰুজনাৰ জন্মস্থান বুলি দাবী কৰি আহিছে। দুয়োখন থানেই বিভিন্ন বৈষ্ণৱ গ্ৰন্থ আৰু পুৰণি হাতে লিখা সাহিত্য সম্ভাৰ আৰু অসমীয়া কলা কৃষ্টিৰ বিভিন্ন সামগ্ৰীৰে চহকী। শেহতীয়াকৈ, ৰঙাজান আৰু কাঁচিকটা নৈৰ মাজত অৱস্থিত লেতেকুপুখুৰীত উজীৰৰ হৰিশিঙা বৰাৰ টোলতেই মাধৱদেৱৰ জন্ম হোৱা বুলি বিশেষজ্ঞ সকলে মানি লৈছে। মাঘনোৱা দ’ল মাঘনোৱা দ’ল ফুলবাৰী গাঁৱত অৱস্থিত, ইয়াক ফুলবাৰী দ’ল নামেও জনা যায়। পিচলা নৈৰ পূৱে মাঘনোৱা বিলৰ পাৰত দ’লতি অৱস্থিত। এসময়ত ই শক্তিৰ অধিস্তাতি দেৱী কালিৰ এটুকুৰা মুখ্য পূজন স্থলী আছিল। আহোম ৰাজত্বত কেইবাজনো স্বৰ্গদেৱে এই ঠাই দৰ্শন কৰাৰ প্ৰমাণ পোৱা য়ায়। মানৰ আক্ৰমণৰ সময়ত দ’লৰ মুখ্য প্ৰতিমা ভাগ লুকুৱাই ৰখা হৈছিল কিন্তু ই দ’ললৈ পুনৰ ঘূৰি নাহিল। দ’লৰ চাৰিওফালে ৫ ফুট ওখ পুৰণি দেৱাল দেখা যায়। মূল দ’লটি প্ৰায় ৭৫ ফুট ওখ। মূল দ’লৰ ভিতৰত বুলনি ঘৰ দেখা পোৱা যায় য’ত এসময়ত মুখ্য প্ৰতিমা ভাগ ৰখা হৈছিল। দ’লৰ ভিতৰত বহুতো ভাষ্কৰ্য দেখিবলৈ পোৱা যায়। অৱশ্যে চৰকাৰ আৰু স্থানীয় মানুহৰ অৱহেলা আৰু অমনোযোগিতাৰ বাবে ইয়াৰে সৰহভাগ প্ৰতিমা আৰু আন ভাষ্কৰ্যৰ চুৰি বা আন উপায়েৰে নষ্ট সাধন হৈছে। বৰ-খামতি গাওঁ আৰু বাপুচাঙ ১৮৪৩ চনত ব্ৰিটিছে শদিয়াত খামতি আন্দোলন দমন কৰে, সেই সময়ত কিছুসংখ্যক খামতি মানুহ আহি নাৰায়ণপুৰত বসবাস কৰিবলৈ লয়। বৰখামতি গাঁৱত তেওঁলোকে এটি বুদ্ধ মন্দিৰ স্থাপন কৰে। মাত্ৰ কেইহাজাৰ মান মানুহ বাকী থকা খামতি জাতিৰ এটা অংশৰ বৰ্তমান বাসস্থান নাৰায়ণপুৰৰ এই অঞ্চল। তেওঁলোক বৌদ্ধ ধৰ্মালম্বী আৰু চহকী সংস্কৃতিৰ অধিকাৰী। খামতি সকলৰ ধৰ্মীয় উপাসনা গৃহ হৈছে বাপুচাঙ। ই আন বৌদ্ধ ধৰ্মালম্বী লোকৰ বৌদ্ধ মন্দিৰ বা বৌদ্ধ বিহাৰৰ সৈতে একে। সাধাৰণ খামতি ঘৰবোৰতকৈ ই কিছু পৃথক। বাপুচাঙৰ বাহিৰ ভাগ ম্যানমাৰৰ বৌদ্ধ মন্দিৰৰ সৈতে মিল থকা দেখা যায়। অন্তৰ ভাগত বুদ্ধৰ প্ৰতিমা ৰখা হয় আৰু ইয়াক বৰ পবিত্ৰ থাই হিচাপে গণ্য কৰা হয়। দেওতোলা মাঘনোৱা দ’লৰ মুখ্য প্ৰতিমা ভাগ মানৰ আক্ৰমণৰ সময়ত এটি পুখুৰীত লুকুৱাই ৰখা হৈছিল। পাছত সেই ভাগ খেৰাজখাত নামৰ ঠাইৰ গাভৰু বিলত উদ্ধাৰ কৰা হৈছিল, তেতিয়া মূৰ্তি ভাগ বৰকালিকা থানত স্থাপন কৰা হৈছিল আৰু ঠাই খিনিৰ নাম দেওতোলা হৈছিল (দেও-ভগৱান, তোলা- তোলোৱা)। দেওতোলা নাৰায়ণপুৰৰ পৰা ৮ কি:মি: দূৰত। পেটুৱা গোসাঁনী থান ব্ৰিটিছে অসম দখল কৰাৰ ভালেমান সময়লৈকে লখিমপুৰ অধিকাৰ কৰা নাছিল। এইখন থান কালী গোসানীৰ এখন পুৰণি পূজনস্থলী আছিল, ব্ৰিটিছ সকল লখিমপুৰলৈ অহাৰ পাছত প্ৰথমে এই থান আৱিষ্কাৰ কৰে। ই ধলপুৰৰ গনকদলনীৰ ওচৰত অৱস্থিত। থানৰ গোসাঁনীক কেঁচাইখাতি গোসাঁনীও বোল হয়। নাৰায়ণপুৰ ১৫২৪ লৈকে চুতীয়া ৰাইজৰ অধীনত আছিল আৰু এই সকল ৰজা শাক্ত ধৰ্মী কেঁচাইখাতিৰ ভক্ত আছিল। সেইবাবে এই থান চুতীয়া ৰজা সকলে নিৰ্মাণ কৰা বুলি জনা যায়। অতীজতে অৰুনাচলৰ দফলা মানুহ সকল ইয়াত পূজাৰ বাবে আহিছিল। এতিয়াও প্ৰতিবছৰে ইয়াত দুৰ্গা পূজা উতযাপন কৰা হয়। বেলগুৰি সত্ৰ এইখন সত্ৰ পোন প্ৰথমে ১৬১৭ চনত মাজুলীত স্থাপন কৰা হৈছিল য’ত দুই গুৰু শংকৰ-মাধৱৰ মিলন হৈছিল। পাছত ইয়াক নাৰায়ণপুৰলৈ স্থানান্তৰিত কৰা হয় আৰু আৰু অসমৰ বৈষ্ণৱ সমাজৰ মাজত সৰ্বজনবিদিত এই সত্ৰখন ১৮৮৭ চনত জৰাবাৰী গাঁৱত প্ৰতিষ্ঠা কৰা হয়। অসমৰ সংস্কৃতিৰ এক ঊল্লেখ্যোগ্য অংগ চালি নৃত্যৰ চৰ্চা অতীজৰে পৰা সত্ৰখনত চলি আহিছে। বদলা পদ্ম আতা সত্ৰ আৰু ফুলনি থান মহাপুৰুষ মাধৱদেৱৰ শিষ্য বদলা পদ্ম আতাই ১৬৩৬ চনত নাৰায়ণপুৰত বদলা পদ্ম আতা সত্ৰ স্থাপন কৰে। প্ৰবাদ আছে যে বদলা পদ্ম আতাই মাধৱদেৱৰ অধীনত উজনি অসমত বৈষ্ণৱ ধৰ্ম চোৱা চিতাৰ ভাৰ পাইছিল, তেখেতে জমদগ্নিৰ ভূমিত এই সত্ৰখন স্থাপন কৰিছিল। এসময়ত এই স্থান বৈষ্ণৱ ধৰ্ম চৰ্চাৰ মুখ্য কেন্দ্ৰ হৈ পৰিছিল। শংকৰ-মাধৱৰ মহাপ্ৰয়ানৰ পাছত বৈষ্ণৱ ধৰ্ম প্ৰচাৰত বদলা পদ্ম আতাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। সত্ৰখন অনেক পুৰণি গ্ৰন্থৰ সংগ্ৰহেৰে সমৃদ্ধ। ফুলনি থানো বদলা পদ্ম আতা দেৱেই ১৫৫৫ শকত প্ৰতিষ্ঠা কৰিছিল। ই এক পুৰণি ধৰ্মীয় স্থান, এতিয়াও প্ৰতি বছৰে বহু সহস্ৰাধিক ভক্তৰ ইয়ালৈ আগমন ঘতে। বিষ্ণু বালিকুচি সত্ৰ নাৰায়ণপুৰৰ পৰা প্ৰায় ৮ কিমি নিলগৰ ধলপুৰৰ দকুৱা গাঁৱত এই সত্ৰখন অৱস্থিত। কাল-সংহতিৰ গুৰু ভৱানীপুৰীয়া গোপাল আতাৰ অনুগামী শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ ১৫৫৩ চনত দকুৱা গাঁৱত জন্ম হয়। ভৱানীপুৰীয়া আতাৰ সহযোগত ১৬০১ চনত তেখেতে এই সত্ৰখন স্থাপন কৰে। তেখেতে বহুতো মৰাণ আৰু মটক লোকক বৈষ্ণৱ ধৰ্মত দীক্ষিত কৰিছিল। অনিৰুদ্ধদেৱৰ মৃত্যু হৈছিল বিহপুৰীয়া নগৰৰ সমীপৰ বাঁহগড়া দেউৰী গাঁৱৰ পশ্চিমে মৰনৈৰ পাৰত অৱস্থিত নাহৰআটী থানত। ৰাধা পুখুৰী নাৰায়ণপুৰ নগৰৰ সমীপৰ সাউকুচি গাঁৱত ৰাধাপুখুৰী অৱস্থিত। চুতীয়া ৰজা লক্ষ্মীনাৰায়ণে ১৪০০ৰ পৰা ১৫০০ চনৰ ভিতৰত তেওঁৰ পত্নী ৰাধাৰ নামত এই পুখুৰীটো খন্দোৱাইছিল। আন কিছুৰ মতে ৰাণী সৰ্বেশ্বৰীয়ে এই পুখুৰীতো খন্দুৱাইছিল। কিন্তু পুখুৰীৰ কাম আধাতে শেষ হৈছিল সেয়ে তাৰ নাম আধা পুখুৰী হৈছিল, পাছত ইয়েই ৰাধাপুখুৰীৰ নাম পায়। বৰ্তমান এই পুখুৰীতো অসম চৰকাৰৰ মীন পালন বিভাগৰ অধীনত মীন উৎপাদন আৰু প্ৰজননৰ কামত ব্যৱহৃত হয়। ভাটৌকুচি থান ভাটৌকুচি থান ঢলপুৰৰ সমীপৰ কাঠনি গাঁৱত অৱস্থিত। গুৰু কেশৱচৰণ আতাই এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। কথাগুৰুচৰিতৰ মতে তেখেতৰ জন্ম ১৬০৫ চনত আৰু মৃত্যু ১৬৬৫ চনত হৈছিল। সত্ৰখন এতিয়াও বৈষ্ণৱ ধৰ্মৰ এখন সক্ৰিয় প্ৰচৰ থলী। গোহাঁই-কমল আলি ১৬ শতিকাৰ আগভাগত অসমত কোচ ৰাজ্যৰ উত্থান ঘতিছিল। কৰতোৱা নদীৰ পৰা বৰনদীলৈকে এই ৰাজ্য বিস্তৃত আছিল। এই সময়চোৱাৰ ভিতৰতে আহোমৰ সৈতে হোৱা ৰণৰ সময়ত নাৰায়ণপুৰত এই আলিটো নিৰ্মাণ কৰা হয়। আহঁতগুৰি সত্ৰ বৰবালি চমুৱা গাঁৱত আহঁতগুৰি সত্ৰ অৱস্থিত। শ্ৰী ৰাম আতাই ১৬৮৩ চনত এইখন স্থাপন কৰিছিল। ইয়াৰ সৰহ সংখ্যক অনুগামী ব্ৰাহ্মণ। ১৯৮৭ চনৰ বানত ইয়াত সংৰক্ষিত বহুতো পুৰণি গ্ৰন্থ নোহোৱা হয়। বৰ্তামানে ইয়াত ঠাকুৰ আতা আৰু শ্ৰী ৰাম আতাৰ কিছু গ্ৰন্থ (হাতেলিখা) সংৰক্ষিত হৈ আছে। অন্যান্য আকৰ্ষণ সমূহ নাৰায়ণপুৰ সৰ্বমুঠ বাৰজন ধৰ্মীয় গুৰুৰ জন্মস্থান, সেয়েহে ইয়াক পবিত্ৰ ঠাই হিচাপে গণ্য কৰা হয়। মাধৱদেৱৰ সময়ত ই বৈষ্ণৱ ধৰ্মৰ প্ৰধান চৰ্চাৰ স্থলী আছিল। ধৰ্মীয় দিশৰ উপৰিও নাৰায়ণপুৰ আন আন বিভিন্ন সংস্কৃতিৰেও চহকী। অৰ্থনীতি নাৰায়ণপুৰৰ অৰ্থনীতি কৃষিভিত্তিক। গোটেই বছৰ ধৰি বিভিন্ন খেতি এই অঞ্চলত হোৱা দেখা যায়। বিভিন্ন ধৰণৰ উৎপাদিত শস্য সমূহ হৈছে- ধান, মাতিমাহ, আলু, পিয়াঁজ, আদা, নহৰু, বিলাহী, ফুলকবি, বন্ধাকবি, বেঙেনা আদি। বিভিন্ন ধৰণৰ ফল যেনে কল, আম, নাৰিকল, কঠাল আদিৰ উৎপাদন দেখা যায়। তামোল পান অসমৰ যিকোনো ঠাইৰ দৰে নাৰায়ণপুৰৰো অৰ্থনীতিৰ এটা অংশ। মীন পালনেও অঞ্চলটোৰ অৰ্থনীতিত বৃহৎ ভূমিকা পালন কৰে। অঞ্চলটোত বহুতো মীন পালন কৰা চৰকাৰী আৰু ব্যক্তিগত পুখুৰী (ফিচাৰি) দেখিবলৈ পোৱা যায়। দক্ষিণ দিশে বৈ যোৱা লুইত খনেও এই উদ্যোগত অৰিহণা যোগায়। নাৰায়ণপুৰত অতীজৰে পৰা থলুৱা ভাবে মুগা, এৰী আৰু পাট সূতা ৰ উৎপাদন হৈ আহিছে। নাৰায়ণপুৰত অসম চৰকাৰৰ হস্ত তাত আৰু বস্ত্ৰ বিভাগৰ অধীনৰ এখন বৃহৎ মুগা পাম অৱস্থিত। অৱশ্যে বিভাগীয় অমনোযোগিতাৰ বাবে পাম খনৰ অৱস্থা বৰ্তমানে সংকটজনক। নতুনকৈ গঢ় লৈ উঠা নৰায়নপুৰ নগৰক ২০০৮ চনত আনুষ্ঠানিক ভাবে নগৰ হিচাপে স্বীকৃতি দিয়া হয়। বৰ্তমানে নাৰায়ণপুৰ নগৰত লাহে লাহে গঢ়ি উঠা ব্যৱসায়িক প্ৰতিষ্ঠান বোৰেও নাৰায়ণপুৰৰ অৰ্থনীতিত প্ৰভাব বিস্তাৰ কৰিছে। উল্লেখযোগ্য শিক্ষানুষ্ঠান মাধৱদেৱ বিশ্ববিদ্যালয় জৱাহৰ নৱোদয় বিদ্যালয় ভিবিৰাম হাজৰিকা মহাবিদ্যালয় খেৰাজখাত মহাবিদ্যালয় নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেৰাজখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয় ফুলনি খাট উচ্চতৰ মাধ্যমিক বিদ্যালয় তাতিবাহাৰ মজলীয়া বিদ্যালয় দুলীয়া পথাৰ মজলীয়া বিদ্যালয় নাৰয়ণপুৰ বালক মজলীয়া বিদ্যালয় নামনি সোৱণশিৰি উচ্চ মাধ্যমিক বিদ্যালয় হাৰমতী পিচলা উচ্চ মাধ্যমিক বিদ্যা লয় (ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন, নাৰায়ণপুৰ শংকৰদেৱ শিশু নিকেতন, ঢলপুৰ এক্ৰিত আৰু এক্ৰিত একাডেমি জিজ্ঞাসা জাতীয় বিদ্যালয় অসম জাতীয় বিদ্যালয়, মেৰমুখ জ্ঞানজ্যোতি একাডেমি পিচলা নেশ্যনেল একাডেমি চি. ই. চি. নাৰায়ণপুৰ প্ৰধান সাংস্কৃতিক অনুষ্ঠান শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ দক্ষিণ নাৰায়ণপুৰ কৃষ্টি বিকাশ কেন্দ্ৰ, অশোক জ্যোতি সংগম নাৰায়ণপুৰ বৰ নামঘৰ বাণী সংঘ মেৰমুখ বাৰেচহৰীয়া উন্নয়ন সভা বাসন্তী যুৱক সংঘ নাৰায়ণপুৰৰ উল্লেখযোগ্য ব্যক্তি বিশ্বনাৰায়ণ শাস্ত্ৰী পূৰ্ণানন্দ দত্ত শিৱ শৰ্মা চিত্ৰ-বীথিকা নাৰায়ণপুৰ তথ্যসূত্ৰ বাহ্যিক সংযোগ মাঘনোৱা দ'ল আৰু বৰকালিকা থান, লিখক: বিপুলচন্দ্ৰ ভট্টাচাৰ্য, ৱেবছাইট: নীলা চৰাই ডট
30296
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A6%9F%E0%A6%BE-%E0%A6%97%E0%A7%81%E0%A6%9F%E0%A6%BF
ভটা-গুটি
ভটা গুটি বা টাং গুটি অসম তথা ভাৰতীয় উপমহাদেশত প্ৰচলিত এক পৰম্পৰাগত খেল। এই খেলক ঠাইভেদে গিলি দাণ্ডা, ভাটা খেল, দাণ্ডা খেল, ডাং গুটি আদি নামেৰেও জনা যায়। ভটা খেলৰ প্ৰধান সঁজুলি এডাল মাৰি আৰু এটা গুটি। মাৰি ডাল আৰ গুটিটো বাঁহ বা টান গছৰ ডালেৰে সজা হয়। এহাতমান দীঘল মাৰিডাল গোটা আৰু পোন। গুটিটো চাৰি আঙুলমান (প্ৰায় দুই ইঞ্চি) হয়। মাৰিডালেৰে গুটিটো কোবাই বিভিন্ন নিয়মেৰে ভটা খেল খেলা হয়। সাধাৰণতে ল'ৰাৰ মাজতহে এই খেল সিমাবদ্ধ যদিও ঠাই বিশেষে ছোৱালীও ভটা খেল খেলা দেখা যায়। মহাপুৰুষ শঙ্কৰদেৱৰো আগৰ এই খেলৰ লগত আধুনিক ক্ৰিকেট খেলৰ ভালেখিনি সাদৃশ্য চকুত পৰে। এই খেল চেমনীয়াসকলে গৰুৰ পাল চৰাবলৈ যোৱাৰ সময়ত পথাৰত সমনীয়াহঁতৰ লগত খেলা হয়। খেলৰ সামগ্ৰী এই খেলত ৬ ইঞ্চি মান দীঘল বাঁহ বা কাঠৰ মাৰি এডাল থাকে। প্ৰতিজনে খেলুৱৈ হাতত এডাল বাঁহ বা কাঠৰ দীঘল লাঠী লৈ থাকে। সাধাৰণ বহল খোলা ঠাইত এই খেল খেলা হয়। খেলৰ সময়ত মাটিত প্ৰায় ৪ ইঞ্চি মান দ গাত এটা কৰি লোৱা হয়, যাক স্থানবিশেষ গফ/গপ বুলি কোৱা হয়। খেলুৱৈৰ সংখ্যা দুটা দলত বিভক্ত হৈ এই খেল খেলা হয়। প্ৰত্যেক দলতে মুঠ ৬ জনকৈ খেলুৱৈ থাকে। উপস্থিত খেলুৱৈৰ সংখ্যা অনুসৰি সদস্যৰ সংখ্যা বঢ়া-টুটা হ'ব পাৰে। প্ৰত্যেক খেলুৱৈয়ে হাতত বাঁহ বা কাঠৰ এডাল লাঠি লৈ দলত অন্তৰ্ভুক্ত হব লাগে। খেলৰ নিয়ম প্ৰথমতে ২টা দল গঠন কৰি লোৱা হয়, তাৰ পাছত দুয়োটা দলৰপৰা এজনক অধিনায়ক পাতি লোৱা হয়। অধিনায়ক দ্বয়ক লৈ সকলোৱে আগুৰি ধৰি এটা কেঁচা টকাৰে টছ কৰি কোন দলে আগতে খেল আৰম্ভ কৰিব তাক থিৰাং কৰা হয়। টছত জিকা দলটোৱে প্ৰথমে খেল আৰম্ভ কৰে। অধিনায়কৰে নিৰ্ধাৰণ কৰা মতে খেল আৰম্ভ কৰা দলটোৰ এজন সদস্য আহি চুটি মাৰিডাল (ইয়াকে ভটাগুটি বা টাংগুটি বোলা হয়) মাটিত খান্দি থোৱা গাঁতটোত (গফ/গপ) দীঘলকৈ এনেকুৱাকৈ পাতি লয় যাতে গুটিটোৰ এটা মূৰ মাটিৰ ওপৰত ওলাই থাকে। তাৰ পাছত হাতত থকা দীঘল লাঠি ডালেৰে গুটিটোৰ মাটিৰ ওপৰত ওলাই থকা অংশত এটা কোব মাৰি দিয়ে, লগে লগেই গুটিটো এক মিটাৰ মান ওপৰলৈ ঘূৰি ঘূৰি উঠি যায়। গুটিটো ওপৰতে থকা সময়তে খেলুৱৈজনে নিজৰ হাতত থকা লাঠি ডালেৰে গুটিটোত কোবাই দূৰলৈ পঠিয়াব লাগে। আনটো দলৰ খেলুৱৈসকল এটা নিৰ্দিষ্ট দূৰত্বত ৰৈ থাকে। দূৰলৈ গৈ থকা অৱস্থাত ভটা-গুটিটো নিজৰ হাতত থকা লাঠীডালেৰে চুই দিলে এটা কোব নষ্ট হোৱা বুলি ধৰা হয়। এজন খেলুৱৈয়ে মুঠ তিনিবাৰ গুটিটো মাৰি পঠিওৱাৰ যুযোগ পায়। কিন্তু দ্বিতীয় আৰু তৃত্বীয় বাৰত খেলুৱৈ জনে ভটা-গুটিটো গাঁতত পাতি ল'ব নোৱাৰে। হাতত থকা লাঠীডালৰ এটা মূৰে গুটিটো পথালিকৈ লৈ এবাৰ ওপৰলৈ উৰুৱাই দূৰলৈ মাৰি পঠিয়াব লাগে। বিপৰীত পক্ষৰ খেলুৱৈয়ে যদি গুটিটো চুই দিব নোৱাৰে, তেন্তে মাৰি পঠিওৱা দলটোৰ খেলুৱৈ নম্বৰ গণিবলৈ সুযোগ পায়। নম্বৰ গণাৰ বাবে গফটোৰপৰা আৰম্ভ কৰি গুটিটো গৈ য'ত পৰিছে তালৈ খেলুৱৈয়ে নিজৰ হাতত থকা লাঠীডালেৰে জুখিব লাগে। হিচাপত লাঠীয়ে প্ৰতি ১০ পইণ্টকৈ লাভ কৰে। নম্বৰখিনি দলীয় হিচাপত যোগ হয়। যেতিয়ালৈ মাৰি পঠিওৱা গুটি এটা অইন দলৰ খেলুৱৈয়ে লাঠীৰে চুই সেই কোবটো নষ্ট কৰিব নোৱাৰে তেতিয়ালৈ খেলুৱৈজনে ভটা-গুটিটো মাৰি পঠিওৱাৰ সুযোগ পাই থাকে। অৱশ্যে মাৰি পঠিওৱা খেলুৱৈজনে যদি দূৰলৈ মাৰি পঠিয়াব খোজোঁতে এৰি যায়, তেন্তে তেখেতৰ এটা কোব নিজে নিজেই নষ্ট হয়। এজন খেলুৱৈৰ তিনিওটা কোব নষ্ট হোৱাৰ পাছত অধিনায়কৰ নিৰ্দেশ অনুসৰি আন এজন খেলুৱৈ আহে। এনেকৈ এটা দলৰ আটাইকেইজন খেলুৱৈয়ে নিজৰ নিজৰ কোব মাৰি নম্বৰ আহৰণ কৰিব লাগে। প্ৰথম দলৰ আটাইকেইজন খেলুৱৈ বাহিৰ হোৱাৰ পাছত দ্বিতীয় দলে ভটা-গুটীটো দূৰলৈ মাৰি পঠিওৱাৰ সুযোগ পায়। প্ৰথম দলৰ দৰেই একে নিয়মেৰে দ্বিতীয় দলে খেলিবলৈ সুযোগ পায়। দ্বিতীয় দলে প্ৰথম দলতকৈ বেছি নম্বৰ লাভ কৰিলে বিজয়ী হয়। দ্বিতীয় দলে আটাইকেইটা কোব হেৰুৱায়ো যদি প্ৰথম দলৰ সমান নম্বৰ আৰ্জন কৰিব নোৱাৰে, তেন্তে প্ৰথম দলটো জয়ী হয়। স্থানবিশেষে নিয়মৰ ভিন্নতা অসমৰ স্থান-বিশেষে এই খেলৰ নীতি-নিয়ম সামান্য বেলেগ-বেলেগ হয়। এই খেল ঠাই বিশেষে দলৰ সলনি এজনীয়াকৈও খেলা হয়। প্ৰতিজন খেলুৱৈয়ে নিজৰ বাবে খেলে। আৰু সৰ্বাধিক নম্বৰ পোৱা খেলুৱৈজন বিজয়ী হয়। কিছুমান স্থানত ভটাগুটিটো ওপৰলৈ মাৰি পঠিওৱাৰ সময়ত যদি খেলুৱৈয়ে এবাৰতকৈ বেছি বাৰ সেইটো ওপৰলৈ ওফোৰাব পাৰে, তেন্তে নম্বৰ জোখোতে অতিৰিক্ত সুবিধা লাভ কৰে। দুবাৰকৈ টিলিকাব পাৰিলে ভটা-গুটিটোৰে জুখিব পাৰে, আৰু তিনিবাৰ বা তাতকৈ অধিক বাৰ টিলিকাব পাৰিলে দীঘল মাৰিডালেৰে জুখি যিমান নম্বৰ পায়, তাক দহেৰে পূৰণ কৰিব পাৰে। কিছুমান অঞ্চলত দূৰত্ব জোখাৰ বাবে কিছুমান পদ্য ব্যৱহাৰ কৰা হয়, প্ৰতিমাৰি জোখৰ লগে লগে পদ্যৰ একোটাকৈ পদ আওৰাই যোৱা হয়। এইদৰে কিমানলৈ পদ আওৰাব পৰা গৈছে তাৰ ওপৰত হৰা জিকা ঠিক হয়। তথ্য সংগ্ৰহ অসমৰ খেল-ধেমালি পৰম্পৰাগত ক্ৰীড়া ভাৰতত
33457
https://as.wikipedia.org/wiki/%E0%A6%A6%E0%A7%8D%E0%A6%AF%20%E0%A6%87%E0%A6%AE%E0%A7%B0%E0%A7%8D%E0%A6%9F%E0%A7%87%E0%A6%B2%E0%A6%9B%20%E0%A6%85%E0%A6%AB%20%E0%A6%AE%E0%A7%87%E0%A6%B2%E0%A7%81%E0%A6%B9%E0%A6%BE
দ্য ইমৰ্টেলছ অফ মেলুহা
দ্য ইমৰ্টেলছ অফ মেলুহা অমিষ ত্ৰিপাঠীৰ শিৱ ত্ৰিলজী গ্ৰন্থ শৃংখলাৰ প্ৰথমখন গ্ৰন্থ। কাহিনীৰ পৃষ্ঠভূমি হৈছে মেলুহা আৰু ই তিব্বতীয় জনজাতীয় লোক শিৱৰ আগমনৰ সৈতে আৰম্ভ হৈছে। শিৱই ঔষধি সোমৰস পান কৰোঁতে তেওঁৰ কণ্ঠ নীলবৰণীয়া হৈ পৰাত শিৱ তেওঁলোকৰ উদ্ধাৰকৰ্তা নীলকণ্ঠ বুলি মেলুহাবাসীয়ে কৰা বিশ্বাস সঁচা প্ৰমাণিত হয়। শিৱই মেলুহানসকলক চন্দ্ৰবংশীসকলৰ বিৰুদ্ধে যুদ্ধত সহায় কৰিবলৈ সিদ্ধান্ত লয় যি নাগ নামৰ অভিশপ্ত গোষ্ঠীৰ সৈতে যোগ দিয়ে। নিজৰ যাত্ৰাপথ আৰু আৱশ্যম্ভাবী যুদ্ধৰ পৰা শিৱই জানিবলৈ পায় যে তেওঁ বাছি লোৱা পথসমূহে কিদৰে তেওঁ হ'ব বিচৰা মানুহজনক প্ৰতিফলিত কৰি এক ভয়ানক পৰিণামৰ দিশে লৈ যায়। প্ৰথমাৱস্থাত ত্ৰিপঠীয়ে অসৎ দৰ্শনৰ ওপৰত এখন কিতাপ লিখিবলৈ মনস্থ কৰে কিন্তু যদিও পৰিয়ালৰ পৰা নিৰুৎসাহ হয়। সেয়ে তেওঁ হিন্দু দেৱতা শিৱৰ ওপৰত এখন কিতাপ লিখিবলৈ থিৰাং কৰে। তেওঁ কাহিনীটো এই ধাৰণাৰ ভেঁটিত নিৰ্মাণ কৰিবলৈ ঠিক কৰে যে প্ৰতিজন দেৱতাই এসময়ত মানুহ আছিল; তেওঁলোকক মানৱ জীৱনত তেওঁলোকৰ কৰ্মৰাজিয়ে দেৱতাৰ শাৰীৰ খ্যাতি প্ৰদান কৰিলে। দ্য ইমৰ্টেলছ অফ মেলুহা লিখি সম্পূৰ্ণ কৰাৰ পিছত ত্ৰিপাঠীক কেইবাটাও প্ৰকাশন গোষ্ঠীয়ে নাকচ কৰিলে। যেতিয়া তেওঁৰ প্ৰতিনিধিয়ে কিতাপখন নিজাববীয়াকৈ প্ৰকাশৰ সিদ্ধান্ত ল'লে তেতিয়া ত্ৰিপাঠী এক প্ৰচাৰ অভিযানলৈ সাজু হ'ল। ইয়াৰ ভিতৰত আছিল য়ুট্যুবত এক লাইভ-একচন ভিডিঅ'ৰ অন্তৰ্ভুক্তি আৰু সকলো পঢ়ুৱৈৰ বাবে উপলব্ধ হোৱাকৈ কিতাপখনৰ প্ৰথম অধ্যায়টোৰ ডিজিটেল ডাউনল'ডৰ ব্যৱস্থা। অৱশেষত ২০১০ চনৰ ফেব্ৰুৱাৰীত কিতাপখন প্ৰকাশ পায় আৰু এক বৃহৎ বাণিজ্যিক সাফল্য লাভৰ দিশে অগ্ৰসৰ হয়। পঢ়ুৱৈৰ চাহিদা পূৰাবলৈ কিতাপখন কেইবাবাৰো পুনঃমুদ্ৰণ কৰিবলগা হয়। আনকি ত্ৰিপাঠীয়ে প্ৰকাশক সলনি কৰি দিল্লীত এক বৃহৎ উন্মোচনীৰ আয়োজন কৰে। কিছুসংখ্যক ভাৰতীয় সমালোচকে ইতিবাচক সঁহাৰি দিয়াৰ লগতে আনসকলে ত্ৰিপাঠীৰ লেখনিয়ে কাহিনীটোৰ কিছু ঠাইত মূলবিন্দুৰ পৰা ফালৰি কাটিছে বুলি মন্তব্য কৰে। ২০১৩ চনৰ জানুৱাৰী মাহত দ্য ইমৰ্টেলছ অফ মেলুহা আৰু ইয়াৰ ছিকুৱেল দ্য ছিক্ৰেট অফ দ্য নাগাজে এক মিলিয়ন কপি ছপাৰ সংখ্যা অতিক্ৰম কৰে। কিতাপ দুখনে প্ৰকাশৰ দুবছৰৰ ভিতৰতে মুঠ খুচুৰা ২২ কোটিৰ বিক্ৰীৰে নীলসেন বুকস্কেনৰ সৰ্বাধিক বিক্ৰীৰ তালিকাত শীৰ্ষস্থান অক্ষুণ্ণ ৰাখে। কাহিনী সাৰাংশ মেলুহা পৃথিৱীৰ মহানতম ৰজাসকলৰ অন্যতম ৰামে প্ৰতিষ্ঠা কৰা এক প্ৰায়-পূৰ্ণাংগ সাম্ৰাজ্য। অৱশ্যে এই গৌৰৱশালী সাম্ৰাজ্যৰ প্ৰধান নদী সৰস্বতী লাহে লাহে শুকাই অহাৰ ফলত ইয়াৰ নিবাসী সূৰ্যবংশীসকল ভীষণ সংকটৰ সন্মুখীন হৈছে। তেওঁলোকে পূৰ্বদেশীয় চন্দ্ৰবংশীসকলে শাৰীৰিক বিসংগতিযুক্ত এক অভিশপ্ত গোষ্ঠী নাগসকলৰ লগ হৈ কৰা সন্ত্ৰাসবাদী আক্ৰমণৰো বলি হৈছে। মেলুহাৰ বৰ্তমানৰ ৰজা দক্ষই উত্তৰ দিশে তিব্বতত বসবাস কৰি থকা জনজাতীয় লোকসকলক মেলুহালৈ আমন্ত্ৰণ জনাই প্ৰতিনিধি পথায়। ইয়াৰ মাজত গুনা জনজাতিও আছিল যাৰ নেতা আছিল যোদ্ধা আৰু ৰক্ষাকৰ্তা শিৱ। তেওঁলোক আহি শ্ৰীনগৰ পায়হি য'ত মেলুহান চিকিৎসকসকলৰ নেত্ৰী আয়ুৰ্ৱতীয়ে তেওঁলোকক অভ্যৰ্থনা জনায়। শিৱ আৰু তেওঁলোকৰ জনজাতি মেলুহানসকলৰ জীৱনশৈলীৰদ্বাৰা আকৃষ্ট হয়। শ্ৰীনগৰত কটোৱা প্ৰথম নিশাটোত গুনাসকল তীব্ৰ জ্বৰত আক্ৰান্ত হয়। আয়ুৰ্ৱতীৰ নিৰ্দেশত চিকিসা প্ৰক্ৰিয়া চলি থাকে। তেওঁ লক্ষ্য কৰে যে শিৱ এই সংক্ৰমণৰ পৰা বাচি থাকে আৰু শিৱৰ ডিঙিৰ বৰণ নীলা হৈ পৰে। মেলুহানসকলে শিৱক তেওঁলোকৰ কিংবদন্তিৰ উদ্ধাৰকৰ্তা নীলকণ্ঠ হিচাপে ঘোষণা কৰে। ইয়াৰ পিছত শিৱক মেলুহাৰ ৰাজধানী চহৰ দেৱগিৰিলৈ লৈ যোৱা হয় য'ত তেওঁৰ ৰজা দক্ষৰ সৈতে সাক্ষাৎ হয়। তাত থকা সময়ছোৱাত তেওঁ শিৱ আৰু তেওঁৰ সংগী নন্দী আৰু বীৰভদ্ৰই এগৰাকী সুন্দৰী তথা ৰহস্যময় মহিলাক লগ পায়। পিছত জনা যায় যে তেওঁ ৰজা দক্ষৰ জীয়ৰী সতী যাক তেওঁৰ পূৰ্বজন্মৰ পাপকৰ্মৰ বাবে বিকৰ্ম অৰ্থাৎ অস্পৃশ্য গণ্য কৰা হয়। শিৱই তেওঁক সংগ দিবলৈ ইচ্ছা কৰে কিন্তু সতীয়ে ইয়াক অস্বীকাৰ কৰে। অৱশেষত শিৱই সতীৰ হিয়া জয় কৰিবলৈ সক্ষম হয় আৰু বিকৰ্মসকলৰ বিয়া হোৱাত বাধা থকা স্বত্বেও তেওঁলোকে বিয়াৰ সিদ্ধান্ত লয়। সামাজিক আইনৰ ওপৰত খড়্গহস্ত হৈ শিৱই নিজকে নীলকণ্ঠ বুলি ঘোষণা কৰে আৰু বিকৰ্ম আইন ভংগ কৰিবলে শপত লয়। দক্ষই আনন্দমনেৰে এই বিবাহত সন্মতি দিয়ে। দেৱগিৰিত থকা সময়ছোৱাত চন্দ্ৰবংশীসকলে মেলুহানসকলৰ বিৰূদ্ধে চলাই থকা ভয়ংকৰ যুদ্ধৰ কথা জানিবলৈ পায়। তেওঁ মেলুহানসকলৰ মুখ্য উদ্ভাৱক বৃহস্পতিকো লগ পায়। তেওঁ শিৱ আৰু ৰাজপৰিয়ালক মন্দৰ পৰ্বতত বিহাৰৰ বাবে আমন্ত্ৰণ জনায় য'ত সৰস্বতী নদীৰ পানীৰ পৰা সোমৰস প্ৰস্তুত কৰা হয়। শিৱই জানিবলৈ পায় যে তেওঁৰ কণ্ঠ নীলা কৰি তোলা পানীয়বিধ আচলতে দ্ৰৱীভূত নোহোৱা সোমৰসহে আছিল যি ইয়াৰ বিশুদ্ধ ৰূপত ঘাতকো হ'ব পাৰে। তেওঁ এয়াই শিকিবলৈ পায় যে মেলুহানসকল ইমান বছৰ জীয়াই থকাৰ মূলতে এই সোমৰসেই। বৃহস্পতি আৰু শিৱৰ মাজত গভীৰ বন্ধুত্বই গঢ় লৈ উঠে আৰু ৰাজপৰিয়ালটো দেৱগিৰিলৈ উলটি যায়। এদিন পুৱা মন্দৰ পৰ্বতৰ পৰা অহা বিকট শব্দত সমগ্ৰ মেলুহা সাৰ পাই উঠে। শিৱ আৰু তেওঁৰ দলটো ঘটনা সম্পৰ্কে অনুসন্ধান কৰিবলৈ যাওঁতে দেখে যে মন্দৰৰ এক বিৰাট অংশ বিষ্ফোৰিত হৈ পৰিছে আৰু বহুসংখ্যক উদ্ভাৱকৰ মৃত্যু ঘটিছে। বৃহস্পতিৰ কোনো সন্ধান নাছিল কিন্তু শিৱই নাগসকলৰ চিহ্ন বিচাৰি পায় আৰ চন্দ্ৰবংশীসকলৰ যুদ্ধত নাগসকল জড়িত থকাৰ কথা নিশ্চিত হয়। এই কাৰ্যত ক্ৰোধিত হৈ শিৱই চন্দ্ৰবংশীসকলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। দেৱগিৰি মন্ত্ৰীপ্ৰধান কনখলা আৰু মেলুহান সেনাপ্ৰধান পৰ্বতেশ্বৰৰ সৈতে আলোচনামৰ্মে শিৱ চন্দ্ৰবংশীসকলৰ ঠাই স্বদ্বীপৰ দিশে অগ্ৰসৰ হয়। মেলুহান আৰু স্বদ্বীপবাসীৰ মাজত তুমুল যুদ্ধৰ সূত্ৰপাত হয় য'ত মেলুহানসকলে অগ্ৰগতি লাভ কৰে। কৰায়ত্ত হোৱা চন্দ্ৰবংশী ৰজাই নীলকণ্ঠক দেখি ক্ৰোধিত হৈ উঠে। এই বিষয়ে চন্দ্ৰবংশী ৰাজকুমাৰী আনন্দময়ীয়ে ব্যাখ্যা কৰি কয় যে তেওঁলোকৰো এনেধৰণৰ এক কিংবদন্তি আছে য'ত নীলকণ্ঠ আহি দুৰ্জন সূৰ্যবংশীসকলৰ বিৰূদ্ধে এক আক্ৰমণ আৰম্ভ কৰি তেওঁলোকক ৰক্ষা কৰিব। এই কথা শুনি শিৱ আচৰিত হয় আৰু বিমূঢ় হৈ পৰে। তেওঁ সতীক লৈ স্বদ্বীপৰ ৰাজধানী অযোধ্যাৰ বিখ্যাত ৰাম মন্দিৰ ভ্ৰমণ কৰে। তাতে তেওঁ এজন সাধু পুৰুষক লগ পায় যি শিৱক তেওঁৰ জীৱনৰ কৰ্ম, অদৃষ্ট আৰু বাছনিৰ কথা কয় যি তেওঁক ভৱিষ্যতে পথ দেখুৱাই নিব। মন্দিৰৰ পৰা ওলাই আহোঁতে শিৱই দেখে যে সতীয়ে তেওঁলৈ অপেক্ষা কৰি ৰৈ আছে আৰু এজন নাগ গছ এজোপাৰ কাষত ৰৈ আছে। সতীক ৰক্ষা কৰিবলৈ শিৱৰ দায়িত্বৰ সৈতে কাহিনীটোৰ অন্ত পৰিছে। চৰিত্ৰ আৰু পৃষ্ঠভূমি ত্ৰিপাঠীয়ে বিশ্বাস কৰে যে "কিংবদন্তিসমূহ আন একো নহয় কেৱলমাত্ৰ সঁচা অতীতৰ বিশৃংখল স্মৃতিহে। মাটিৰ তলত আৰু অৱহেলাত পোত যোৱা অতীত। গ্ৰন্থখনত হিন্দু সাহিত্যৰ জনাজাত চৰিত্ৰৰ লগতে লেখকৰ কল্পনাপ্ৰসূত চৰিত্ৰও আছে। অৱশ্যে এই হিন্দু চৰিত্ৰসমূহে ইয়াৰ আটাইখিনি পৰম্পৰাগত বৈশিষ্ট্য বহন কৰা নাই। চৰিত্ৰসমূহ শিৱ কাহিনীটোৰ মুখ্য চৰিত্ৰ। তেওঁ মেলুহালৈ অহা এজন প্ৰব্ৰজনকাৰী আৰু গুনা জনজাতিৰ মুৰব্বী। মেলুহা আহি পাই সোমৰস পান কৰাৰ পিছতেই তেওঁৰ কণ্ঠ নীলবৰণীয়া হৈ পৰে আৰু মেলুহান কিংবদন্তিৰ মতে অশুভ শক্তিক সংহাৰ কৰোঁতা নীলকণ্ঠৰূপে পৰিগণিত হয়। মেলুহাবাসীয়ে শিৱক তেওঁলোকৰ উদ্ধাৰকৰ্তাৰূপে মানিবলৈ লয়। সতী ৰজা দক্ষৰ জীয়ৰী এক মেলুহান ৰাজকন্যা। শিৱ তেওঁৰ প্ৰেমত পৰে যদিও সতীক বিকৰ্ম বা অস্পৃশ্য অৰ্থাৎ পূৰ্বজন্মৰ পাপৰ ফল বহন কৰিবলগা লোক হিচাপে গণ্য কৰা হোৱাৰ বাবে আইনমতে তেওঁক বিয়া কৰাবলৈ অসমৰ্থ হয়। সতী এক পাকৈত তৰোৱাল চলাওঁতা আৰু সৰুৰে পৰাই বৰ সাহসী। অৱশ্যে উপন্যাসখনৰ মাজতে তেওঁ শিৱক বিয়া কৰে আৰু তেওঁৰ সন্তান ধাৰণ কৰে। নন্দী মেলুহান সৈন্যৰ সেনানায়ক। শিৱৰ এজন নিষ্ঠাৱান ভক্ত যাৰপৰা শিৱই প্ৰায়ে মতামত আৰু পৰামৰ্শ বিচাৰে। বীৰভদ্ৰ শিৱৰ বাহিনীৰ এজন সেনানায়ক আৰু শিৱৰ এজন অন্তৰংগ বাল্যবন্ধু। পিছত শুদা হাতেৰে বাঘ এটা বশ কৰাৰ বাবে তেওঁ বীৰ ভদ্ৰ নাম পায়। তেওঁ কৃত্তিকাক বিয়া কৰাবলৈ শিৱৰ অনুমতি বিচাৰে। বৃহস্পতি মুখ্য মেলুহান বৈজ্ঞানিক যি শিৱৰ এজন ভাল বন্ধু হৈ পৰে। তেওঁ নীলকণ্ঠৰ কিংবদন্তি বিশ্বাস নকৰে যদিও এই কথা বিশ্বাস কৰে যে শিৱ মেলুহাক এক নৱ উজ্জ্বলতাৰ দিলে লৈ যাবলৈ সমৰ্থ। দক্ষ মেলুহাৰ ৰজা। শিৱই তেওঁলোকৰ দেশখন ৰক্ষা কৰিবলৈ কৰা প্ৰতিটো চেষ্টাতে তেওঁ উৎসাহ যোগায়। পৰ্বতেশ্বৰ মেলুহান সৈন্যৰ মুৰব্বী আৰু এজন সূৰ্যবংশী। পৰ্বতেশ্বৰ দক্ষৰ প্ৰতি উৎসৰ্গিত আৰু তেওঁ শিৱৰ প্ৰতি কিছু জটিল মনোভাৱ পোষণ কৰে। পৰৱৰ্তী সময়ত তেওঁ শিৱৰ এজন অনুগামী হৈ পৰে কিয়নো তেওঁ উপলব্ধি কৰে যে ভগৱান ৰামে অসম্পূৰ্ণকৈ থৈ যোৱা কাম শিৱই পূৰ কৰিব পাৰিব। তেওঁ ৰামৰ এজন ভাল অনুগামী। আয়ুৰ্ৱতী তেওঁ চিকিৎসকৰ নেত্ৰী তথা এগৰাকী বুদ্ধিমতী আৰু সন্মানীয় মহিলা যি সকলো ধৰণৰ ৰোগ নিৰাময় কৰিবলৈ সক্ষম। তেৱেঁই প্ৰথমে শিৱক তেওঁলোকৰ ৰক্ষাকৰ্তা নীলকণ্ঠ বুলি চিনাক্ত কৰে। জাতি সূৰ্যবংশী সূৰ্যবংশীসকল শ্ৰী ৰামৰ অনুগামী আৰু সূৰ্য দিনপঞ্জীৰ অনুসৰণ কৰোঁতা। তেওঁলোকে যিমান পাৰি এক আদৰ্শ জীৱন যাপন কৰিবলৈ চায়। সূৰ্যবংশীসকলে সত্য, ধৰ্ম, মান, কৰ্ত্তব্য আৰু সন্মানত বিশ্বাস ৰাখে। চন্দ্ৰবংশী এওঁলোকে চন্দ্ৰ দিনপঞ্জী অনুসৰণ কৰে। পৰম্পৰা অনুসৰি চন্দ্ৰবংশী আৰু সূৰ্যবংশীসকলৰ মাজত শত্ৰুতা চলি আহিছে। তেওঁলোক স্বাধীন প্ৰজাতন্ত্ৰ যি শৃংগাৰ, সৌন্দৰ্য আৰু স্বতন্ত্ৰতাত বিশ্বাস কৰে। নাগ এওঁলোক শাৰীৰিক বিসংগতিযুক্ত অভিশপ্ত লোক। নাগসকল ভীষণ দক্ষ যোদ্ধা। ৰাজ্য মেলুহা সূৰ্যবংশীসকলৰ সাম্ৰাজ্য। ইয়াক বিশুদ্ধ জীৱনৰ ঠাই বুলিও জনা যায়। মেলুহা আধুনিক ভাৰতৰ কাশ্মীৰ, পঞ্জাব, হিমাচল প্ৰদেশ, দিল্লী, হাৰিয়ানা, ৰাজস্থান, গুজৰাট আৰু সমগ্ৰ পাকিস্তানক সামৰি গঠিত। পূব আফগানিস্তানৰো কিছু অংশ ইয়াত অন্তৰ্ভুক্ত। স্বদ্বীপ চন্দ্ৰবংশীসকলৰ সাম্ৰাজ্য। ই স্বকীয়তাৰ দ্বীপ হিচাপেও পৰিচিত। আধুনিক ভাৰতৰ অসম, মেঘালয়, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, ছিকিম আৰু সমগ্ৰ বাংলাদেশক লৈ স্বদ্বীপ গঠিত। ই নেপাল আৰু ভূটানৰ বেছিভাগ অংশ সামৰি লৈছে। দণ্ডক অৰণ্য আধুনিক ভাৰতৰ মহাৰাষ্ট্ৰ তথা অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, চত্তিছগড়, উৰিষ্যা আৰু মধ্য প্ৰদেশক লৈ দণ্ডক অৰণ্য গঠিত হৈছে। ই এখন ঘন আৰু ভয়ংকৰ অৰণ্য য'ত পঞ্চৱতী নামৰ ৰাজধানীত নাগসকল বাস কৰে। অগ্ৰগতি আৰু প্ৰকাশ লেখক অমিষ ত্ৰিপাঠী ভাৰতীয় প্ৰবন্ধন প্ৰতিষ্ঠান কলিকতাত শিক্ষাগ্ৰহণ কৰা এজন বিত্ত বিভাগৰ বৃত্তিধাৰী। বীমা উদ্যোগত কাম কৰি থাকোঁতে তেওঁ জীৱনটো অৰ্থহীন হৈ পৰা যেন অনুভৱ কৰে। অৱশেষত তেওঁ এক আধ্যাত্মিক পথ ল'বলৈ সিদ্ধান্ত লয়। তেওঁ বিভিন্ন দৰ্শন আৰু ভাৰতীয় আখ্যানসমূহ পঢ়িবলৈ আৰম্ভ কৰে।এদিন এক ইতিহাসমূলক অনুষ্ঠান চাই থকাৰ সময়ত ত্ৰিপাঠী আৰু তেওঁৰ পৰিয়ালে সচেতনতা আৰু মানুহৰ মাজত নিহিত থকা কু-ভাৱনাৰ বিষয়ে আলোচনা কৰি আছিল। অনুষ্ঠানটোৰ পৰা তেওঁলোকে জানিবলৈ পায় যে পুৰণি পাৰ্ছিয়াত দানৱসমূহক দৈৱ (ভাৰতীয় কিংবদন্তিত যি শব্দই দেৱতা বুজায়) হিচাপে আৰু দেৱদূতসমূহক অসুৰ (ভাৰতীয় কিংবদন্তিত যি শব্দই দানৱ বুজায়) জনা গৈছিল। ত্ৰিপাঠীয়ে কয়, "ই মোক এই কথা ভবাই তোলে যে এয়া আমাৰ বৈদিক শব্দকোষৰ একেবাৰে বিপৰীত য'ত অশুভ শক্তিবোৰ অসুৰ আৰু দেৱতাসমূহ দেৱ। ই মোক ভবাই তুলিলে যে যেতিয়া দুটা সভ্যতা পৰস্পৰ সন্মুখীন হয়, তেতিয়া তেওঁলোক সম্পূৰ্ণ অদ্ভুত হৈ পৰিব আৰু ইটোৱে-সিটোক বেয়া বুলি ক'ব। কিন্তু যেতিয়া ত্ৰিপাঠীয়ে কু-দৰ্শনৰ ওপৰত এখন কিতাপ লিখিবলৈ মনস্থ কৰে তেওঁৰ পৰিয়ালে তেওঁক নিৰুৎসাহ কৰে আৰু কয় যে এই বিষয়টো জনপ্ৰিয় নহয় আৰু ই কমসংখ্যক পাঠকহে লাভ কৰিব। তেওঁলোক ত্ৰিপাঠীক এক থ্ৰিলাৰ/এডভেঞ্চাৰ উপন্যাস লিখাৰ পৰামৰ্শ দিয়ে য'ত মূলসূঁতিৰ এক আবেদন থকা হোৱাকৈ এই দৰ্শনটো উপন্যাসখনৰ এক অংশ হিচাপে মাত্ৰ থাকে। ত্ৰিপাঠীয়ে অনুভৱ কৰে যে হিন্দুসকলৰ এজন প্ৰধান দেৱতা তথা অপশক্তিৰ সংহাৰক শিৱতকৈ ভাল বিষয় আৰু নাই যাৰ যাত্ৰা আৰু কাহিনীবোৰে তেওঁ ব্যক্ত কৰিব বিচৰা দৰ্শন পাঠকসকললৈ বহন কৰি নিব পাৰিব। শিৱৰ বিষয়ে কিতাপখন লিখিবলৈ লোৱাৰ আৰম্ভণিতে তেওঁ নিজৰ কিছুমান মূল বিশ্বাসৰ ওপৰত ইয়াৰ ভেঁটি কৰিবলৈ সিন্ধান্ত লয়। তেওঁ লক্ষ্য কৰে যে হিন্দু দেৱতাসকল সম্ভৱতঃ কিংবদন্তি অথবা কল্পনাপ্ৰসূত বস্তু নহয়, কিন্তু এসময়ত তেওঁলোক আনৰ দৰে মানুহেই আছিল। তেওঁলোকৰ কৰ্মৰাজিয়ে তেওঁলোকক দেৱতাৰ খ্যাতি প্ৰদান কৰিলে। উপন্যাসখনৰ কাহিনীটো আধুনিক ইতিহাসবিদসকলৰ মতানুসৰি সিন্ধু উপত্যকা সভ্যতাৰ যথাসম্ভৱ পুৰণি নাম মেলুহাৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছে। ত্ৰিপাঠীয়ে ইয়াত সূৰ্যবংশী আৰু চন্দ্ৰবংশী হিচাপে ভাৰতীয় ৰাজবংশ সূৰ্য আৰু চন্দ্ৰৰ সাম্ৰাজ্যৰ কথাও অন্তৰ্ভুক্ত কৰিছে। ত্ৰিপাঠী দীৰ্ঘদিন ধৰি ইতিহাসৰ এক উৎসুক পঢ়ুৱৈ। ইয়াৰ উপৰিও এই উপন্যাসখনৰ বাবে লেখক গ্ৰাহাম হেনকক আৰু গ্ৰেগৰী পজেলৰ পৰা ভাৰতীয় কমিক্ছ শৃংখলা অমৰ চিত্ৰ কথালৈকে আছিল তেওঁৰ অনুপ্ৰেৰণা। তেওঁ নিজৰ লেখনিক চৰিত্ৰ, পটভূমি, উপ-পটভূমি আদি ভাগত সুকীয়াকৈ ভগাবলৈ মাইক্ৰচফ্ট এক্সেলৰ ব্যৱহাৰ কৰিছিল। অৱশ্যে ই বৰ সুফল নিদিয়ে কিয়নো ইয়াৰ ফলত তেওঁ ঘটনাৱলীৰ ধাৰাটো হেৰুৱাই পেলায়। তেওঁৰ পত্নীয়ে এক বিকল্পৰ পৰামৰ্শ দিয়ে আৰু চৰিত্ৰ এটাৰ ভৱিষ্যত সম্পৰ্কে আগতীয়াকৈ নিৰ্ণয় কৰাতকৈ ইয়াৰ ভাৰ পৰিস্থিতিটোক দিবলৈ কয়। সেইমতে কাম কৰাত ত্ৰিপাঠীয়ে সুফল লাভ কৰে। মুক্তি আৰু বজাৰীকৰণ উপন্যাসখন লিখি উলিওৱাৰ পিছত ত্ৰিপাঠীয়ে অনুভৱ কৰে যে ইয়াৰ প্ৰকাশৰ বাবে এক ডাঙৰ প্ৰকাশন গোষ্ঠী পোৱাটো তেওঁৰ বাবে কঠিন হ'ব। ৩৫-৪০টা প্ৰকাশন গোষ্ঠীয়ে কিতাপখনৰ পাণ্ডুলিপি নাকচ কৰে। সেয়ে তেওঁ কিতাপখনক অগ্ৰগতি দিবলৈ তেওঁৰ পৰিচালনাৰ কৌশলক কামত লগাবলৈ সিদ্ধান্ত লয়। তেওঁ দেইলী নিউজ এণ্ড এনালাইছিছক কয়, "এয়া মিছা কোৱা হ'ব যদিহে মই কওঁ যে মোৰ প্ৰথম উপন্যাসৰ কাৰণে এক ডাঙৰ প্ৰকাশন পাম বুলি নিশ্চিত আছিলো। মই বিত্তৰ মানুহ আৰু ডিজিটেল মাৰ্কেটিঙৰ ওপৰত গভীৰ বিশ্বাসী যাৰ কিতাপৰ বজাৰলৈ এক উন্নততৰ প্ৰৱেশ আছে। বন্ধুবৰ্গৰ সৈতে একেলগে ত্ৰিপাঠীয়ে ইণ্টাৰনেটত তেওঁৰ গ্ৰন্থখনৰ প্ৰচাৰ আৰম্ভ কৰে। নিজা ৱেবছাইটত তেওঁ দ্য ইমৰ্টেলছ অফ মেলুহাৰ প্ৰথম অধ্যায়টো পাঠকক আকৰ্ষিত কৰিবলৈ ডিজিটেল ডাইনল'ডৰ উপযোগীকৈ মুকলি কৰে। তেওঁৰ বন্ধু সংগীতজ্ঞ তৌফিক কুৰেশ্বিৰ সহযোগত ত্ৰিপাঠীয়ে গ্ৰন্থখনৰ এক লাইভ-একচন ট্ৰেইলাৰ ইউটিউবত মুকলি কৰাৰ লগতে পাঠকৰ আকৰ্ষণ ধৰি ৰাখিবলৈ ফেচবুক আৰু টুইটাৰতো অনলাইন সমাজ এখনেই গঠন কৰি লয়। আন এগৰাকী বান্ধৱী ৰশ্মি পাছলকাৰে ত্ৰিপাঠীৰ নিৰ্দেশনা মতে বাস্তৱ আৰু কল্পনাৰ সমতা ৰাখি গ্ৰন্থখনৰ বেটুপাত প্ৰস্তুত কৰি উলিয়ায়। ইয়াত এক বিশাল হ্ৰদৰ ফালে মুখ কৰি থকা শিৱৰ পৃষ্ঠভাগ দেখুৱা হৈছে। ইয়াৰ আগেয়ে পাছলকাৰে কোনো গ্ৰন্থৰ বেটুপাত প্ৰস্তুত কৰা নাছিল আৰু এই কামটো তেওঁৰ বাবে অধিক প্ৰত্যাহ্বানমূলক বুলি ভাবিছিল। এই বিষয়ে তেওঁ কয়, "শিৱ তেজ-মঙহৰ এজন মানুহ, তেওঁ দেৱতা নহয়। তেওঁক ধ্বংসশীল হিচাপে দেখুৱাটোৱে প্ৰত্যাহ্বান। মই তেওঁক পৃষ্ঠভাগৰ পৰা চিত্ৰিত কৰিছো, কাৰণ ভাৰতীয় দেৱতাসকলক কেতিয়াও পিছফালৰ পৰা দেখা নাযায়। তেওঁৰ যুদ্ধত কটা দাগ আৰু এক কুন্দত কটা শৰীৰ আছে। অন্য প্ৰচাৰ অভিযানৰ ভিতৰত আছিল মহানগৰীৰ কিতাপৰ দোকানসমূহত উপন্যাসখনৰ প্ৰথম অধ্যায়টোৰ বন্ধোৱা ৰূপৰ অন্তৰ্ভুক্তি। ত্ৰিপাঠীয়ে অনুভৱ কৰিছিল যে কিতাপখনৰ সৈতে কোনো বিশিষ্ট ব্যক্তি বা চেলিব্ৰিটিৰ নামো সংযুক্ত হৈ পৰিলে ইয়াৰ অগ্ৰগতিত ই আচৰিতধৰণে কাম কৰিব। সেয়ে তেওঁ কিতাপখন প্ৰকাশনৰ পৃথিৱীখনৰ কেইবাখনো চিনাকি মুখ যেনে অনিল ধাৰকৰ, প্ৰহ্লাদ কাক্কৰ আদি ব্যক্তিলৈ উপন্যাসখন প্ৰেৰণ কৰে। অৱশেষত যেতিয়া ত্ৰিপাঠীৰ প্ৰতিনিধি অনুজ তিৱাৰীয়ে নিজাকৈ কিতাপখনৰ ৫,০০০টা কপি প্ৰকাশ কৰিবলৈ সিদ্ধান্ত লয়, তেতিয়া ইতিমধ্যেই তেওঁলোকে ইয়াত এক বিশিষ্ট ব্যক্তিৰ পূৰ্বাভাস সংলগ্ন কৰে যি কিতাপখনৰ অগ্ৰগতিত সহায়ক হয়। দ্য ইমৰ্টেলছ অফ মেলুহাকে ধৰি শিৱ ত্ৰিলজীৰ ইউ কে প্ৰকাশনৰ স্বত্ব জ' ফ্লেট্চাৰ বুকছে ক্ৰয় কৰে। লেখকৰ ভাৰতীয় প্ৰতিনিধি ৰেড ইঙ্ক লিটাৰেৰী এজেঞ্চীৰ অনুজ বাহৰিৰ হৈ ক্লেয়াৰ ৰবাৰ্টছে ট্ৰাইডেণ্ট মিডিয়া গ্ৰুপত লেনদেন সম্পন্ন কৰে। ২০১৩ চনত শিৱ ত্ৰিলজী আধাৰিত বায়ুপুত্ৰজ নামৰ এক সংগীত এলবাম মুকলি কৰা হয়। ই দ্য ইমৰ্টেলছ অফ মেলুহা আৰু দ্য ছিক্ৰেট অফ দ্য নাগাজৰ এক পৰিৱৰ্ধন আৰু ইয়াত শিৱৰ নৃত্য তথা যুদ্ধৰ কথনৰদ্বাৰা অনুপ্ৰাণিত বিশেষ সংগীত সংযোজন কৰা হৈছে। চনু নিগম, তৌফিক কুৰেশ্ব, পলাস সেন, বিক্ৰম ঘোষ আদিয়ে কাম কৰা এই এলবামটোৱেই এক গ্ৰন্থ শৃংখলাৰ বাবে নিৰ্মাণ কৰা প্ৰথম সংগীত এলবাম। সমালোচনা প্ৰকাশৰ পিছত দ্য ইমৰ্টেলছ অফ মেলুহাই ইয়াৰ ধাৰণাটোৰ বাবে সমালোচকসকলৰ ইতিবাচক সমালোচনাই লাভ কৰে যদিও লেখনি সম্বন্ধে মিশ্ৰিত সঁহাৰি লাভ কৰে। দ্য ষ্টেটছমেনৰ প্ৰদীপ ভট্টাচাৰ্যই অনুভৱ কৰে, "কাহিনীভাগ তৎপৰতাৰে আগবাঢ়িছে, ভালদৰে চৰিত্ৰসমূহৰ নক্সা সজা হৈছে আৰু পাঠকৰ মনোযোগ আঁতৰ হ'বলৈ দিয়া নাই। ত্ৰিলজী কিদৰে আগবাঢ়ি যায় সেয়া চাবলৈ আকৰ্ষণীয় হ'ব। একেখন বাতৰি কাকতৰে আন এক সমালোচনাত গৌৰৱ বাসুদেৱে কয় যে "কিতাপখনে আধুনিক ধৰণে লিখা এক কিংবদন্তিমূলক কাহিনী খামুচি ধৰি আছে। দ্য ট্ৰিবিউনৰ দেৱদত্ত পাটনায়কে মন্তব্য কৰে যে "চৰিত্ৰসমূহৰ মাজেদি লেখকে আমাক এক অমঙ্গলীয়া যাত্ৰাইদি লৈ যায়, যিসমূহক প্ৰায়ে আমাৰ মাজৰে এজন যেন লাগে। ছ'চাইটী আলোচনীয়ে ত্ৰিপাঠীৰ লেখনিৰ বিষয়ে মন্তব্য কৰে, "এই সুন্দৰ সৃষ্টি পঢ়াটো মানসসৰোবৰ হ্ৰদৰ হিমশীতল আৰু পূজ্য পানীত ডুব মৰাৰ দৰে। সঁচাকৈয়ে একোজন লোকে [পাঠক] শিৱৰ ডম্বৰুৰ ধ্বনি আৰু নিচাযুক্ত ভাঙৰ ধোঁৱাক অনুভৱ কৰিব পাৰে। দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ লিছা মহাপাত্ৰ এই কাহিনীটো তথা ত্ৰিপাঠীৰ লেখনিৰদ্বাৰা আকৃষ্ট হয় আৰু ইয়াৰ প্ৰশংসা কৰি কয়, "শিৱ আৰু সতীৰ মত বিনিময় কৌতূহলোদ্দীপক। আওপুৰণি চিন্তা আৰু দৰ্শনক অতিশয় নতুন প্ৰসংগত প্ৰক্ষেপ কৰা হৈছে, যিটো মই ভাবোঁ এক আকৰ্ষণীয় সান্নিধ্য সৃষ্টিৰ বাবে কৰা হৈছে। তেওঁ লগতে কয় যে "উপন্যাসখনৰ একমাত্ৰ ঋণাত্মক দিশটো হৈছে, মই প্ৰকৃতাৰ্থত মুখ্য চৰিত্ৰকেইটাৰ ভিতৰলৈ সোমাব নোৱাৰিলো এইসমূহ মূলতঃ এক দ্বিমাত্ৰিক সমতলত থাকিল। উপন্যাসখনে হিন্দুস্তান টাইমছৰপৰা মিশ্ৰিত সঁহাৰি লাভ কৰে য'ত সমালোচকে ত্ৰিপাঠীৰ সাধাৰণ, দৈনন্দিন ব্যৱহৃত ভাষাক সমালোচনা কৰিছে। "ভগৱান ৰাম তথা অন্যান্য চৰিত্ৰৰ আৰু অনেক সূক্ষ্ম বৰ্ণনা আছে আৰু সামগ্ৰিকভাৱে ইয়াক বৰ সুন্দৰকৈ লিখা হৈছে। মই ত্ৰিপাঠীলৈ সৰু কথা এটা লক্ষ্য কৰাৰ কথা জনাবলৈ লিখিছিলোঁ, যে লেখনিটো ইমান তীক্ষ্ণ হোৱা নাই। বাণিজ্যিক সফলতা দ্য ইমৰ্টেলছ অফ মেলুহা বাণিজ্যিকভাৱে সফল আছিল। ২০১০ চনৰ ফেব্ৰুৱাৰীৰ প্ৰথম প্ৰকাশৰ এক সপ্তাহ পিছতেই ই দ্য ষ্টেটছমেন, দ্য ইকনমিক টাইম, দ্য টাইমছ অফ ইণ্ডিয়া, ৰ'লিং ষ্ট'ন ইণ্ডিয়া আদি বিভিন্ন কাকত-আলোচনীৰ সৰ্বাধিত বিক্ৰী হোৱা গ্ৰন্থৰ তালিকাত স্থান পায়। দ্বিতীয় সপ্তাহতে কিতাপখন ৫০০০ কপিকৈ তিনিবাৰ পুনঃমুদ্ৰণ কৰিবলগা হয় আৰু জুলাইৰ শেষলৈ ভাৰততে ইয়াৰ ৪৫,০০০ কপিৰ বিক্ৰী হয়। ত্ৰিপাঠী আৰু তিৱাৰী দুয়ো গ্ৰন্থস্বত্ব এক বৃহত্তৰ প্ৰকাশনক দিবলৈ সিদ্ধান্ত লয়। বিভিন্ন প্ৰকাশন ইয়াৰ বাবে দাবীদাৰ হয় যদিও তেওঁলোকে ৱেষ্টলেণ্ড পাব্লিছাৰৰ কাষ চাপে যাৰ এক বিতৰণ সহযোগীও আছে। ২০১০ চনৰ ১০ ছেপ্টেম্বৰত দিল্লীত কিতাপখনৰ ৱেষ্টলেণ্ড সংস্কৰণ প্ৰকাশ পায়। ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন বিষয়া শশী থাৰুৰে ইয়াক উন্মোচন কৰি ইয়াৰ প্ৰশংসা কৰে। কিতাপখনৰ সম্পাদিত সংস্কৰণটো ইয়াৰ এক বাণীবদ্ধ ৰূপৰ (অ'ডিঅ' বুক) সৈতে প্ৰকাশ পায়। ২০১৩ চনৰ জানুৱাৰীত দ্য ইমৰ্টেলছ অফ মেলুহা আৰু ইয়াৰ ছিকুৱেল দ্য ছিক্ৰেট অফ দ্য নাগাজৰ এক মিলিয়ন মুদ্ৰিত কপিৰ সীমা অতিক্ৰম কৰে। দুয়োখন কিতাপেই প্ৰকাশৰ দুবছৰৰ ভিতৰত ২২ কোটিৰ বিক্ৰীৰে নীলসেন বুকস্কেনৰ সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থৰ তালিকাৰ শীৰ্ষস্থানত থাকে। উপন্যাসখন বিভিন্ন স্থানীয় ভাষা যেনে হিন্দী, গুজৰাটী, তেলুগু আৰু মাৰাঠী ভাষাতো প্ৰকাশ পায়। ত্ৰিপাঠীয়ে কয়, "মই প্ৰকৃততেই আজিৰ পৰা অহা পাঁচ বছৰক বিশ্বাস কৰোঁ, য'ত অধিক বিক্ৰীৰ বাবে ইংৰাজীতকৈ আন ভাষাবোৰকহে হিচাপত ধৰিবলগা হ'ব। সেইটোৱেই প্ৰকাশৰ ক্ষেত্ৰত এক বিৰাট পৰিৱৰ্তন হৈ আহিছে যি দূৰদৰ্শনত আঞ্চলিক ভাষাৰ টি আৰ পি অধিক হোৱাৰ দৰেই আনৰ সংস্কৃতিক বুজি পোৱাতকৈয়ো নিজৰ সংস্কৃতিলৈ এক সন্তুষ্টি কঢ়িয়াই আনিছে। স্থানীয় ভাষাৰ সংস্কৰণকেইটাও বাণিজ্যিকভাৱে সফল হয়। তেলুগু সংস্কৰণটো ৰামা সুন্দাৰীয়ে অনুবাদ কৰিছিল আৰু এমাহতে ইয়াৰ ৫,০০০ কপিৰ বিক্ৰী হোৱাৰ লগতে দ্বিতীয় মুদ্ৰণত ১০,০০০টা কপি প্ৰকাশ কৰা হয়। ইয়াৰোপৰি কেৱল ভাৰতত উপলব্ধ হোৱাকৈ কিতাপখনৰ এক আমাজন কাইণ্ডলে সংস্কৰণো মুকলি কৰা হয়। চলচ্চিত্ৰ পৰিচালক কৰণ জোহৰৰ ধৰ্ম প্ৰডাকচনে উপন্যাসখনৰ বোলছবি স্বত্ব ক্ৰয় কৰে। জোহৰে কয় যে চেলুলয়ডৰ বাবে এই কিতাপখন সুন্দৰ আৰু তেওঁলোক অমিষৰ কৰ্মক অগ্ৰগতি দিবলৈ উৎসাহী। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ "শিৱ ত্ৰিলজী" আনুষ্ঠানিক ৱেবছাইট উপন্যাস ইংৰাজী
87302
https://as.wikipedia.org/wiki/%E0%A6%86%E0%A7%B0%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%82%20%E0%A6%B9%E0%A6%BE%E0%A6%B2%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%A1
আৰ্লিং হালেণ্ড
আৰ্লিং ব্ৰাউট হালেণ্ড এজন নৰৱেৰ পেছাদাৰী ফুটবলাৰ যিয়ে প্ৰিমিয়াৰ লীগ ক্লাব মানচেষ্টাৰ চিটি আৰু নৰৱেৰ জাতীয় দলৰ বাবে ষ্ট্ৰাইকাৰ হিচাপে খেলে। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ বুলি গণ্য কৰা তেওঁৰ গতি, শক্তি আৰু বাকচৰ ভিতৰত ফিনিছিং কৰাৰ বাবে পৰিচিত। যুৱ ব্যৱস্থাৰ জৰিয়তে আহি হালেণ্ডে ব্ৰাইনৰ ৰিজাৰ্ভ আৰু ছিনিয়ৰ দলৰ হৈ ছিনিয়ৰ পৰ্যায়ত খেলিছিল। ইয়াৰ পিছত ২০১৭ চনত তেওঁ মল্ডলৈ যায় (তেওঁলোকৰ ৰিজাৰ্ভ দলৰ হৈও খেলিছিল), যাৰ সৈতে তেওঁ দুটা ছিজন কটায়। ২০১৯ চনৰ জানুৱাৰী মাহত অষ্ট্ৰিয়াৰ বুণ্ডেছলিগাৰ দল ৰেড বুল ছালজবাৰ্গৰ সৈতে চুক্তিবদ্ধ হোৱা হালেণ্ডে দুটা লীগ খিতাপ আৰু এটা অষ্ট্ৰিয়ান কাপ জয় কৰে। ২০১৯ চনৰ ডিচেম্বৰ মাহত তেওঁ জাৰ্মান বুণ্ডেছলিগা ক্লাব বৰুছিয়া ডৰ্টমুণ্ডলৈ যায় আৰু ২০২০–২১ চনত ডি এফ বি-প’কাল জয় কৰে। ২০২২ চনৰ গ্ৰীষ্মকালত তেওঁ ৬০ মিলিয়ন ইউৰো (৫১.২ মিলিয়ন পাউণ্ড) মাচুল দি মানচেষ্টাৰ চিটিলৈ বদলি হয়। হালেণ্ডে নিজৰ কেৰিয়াৰৰ সময়ছোৱাত কেইবাটাও ব্যক্তিগত বঁটা লাভ কৰাৰ লগতে বিভিন্ন অভিলেখ ভংগ কৰিছে। ছালজবাৰ্গৰ সৈতে ২০১৯–২০ ছিজনত তেওঁ ইউএফএ চেম্পিয়নছ লীগৰ একেৰাহে পাঁচখন খেলত গ’ল দিয়া প্ৰথমজন কিশোৰ হিচাপে পৰিগণিত হয়। ২০২০–২১ ছিজনৰ বাবে চেম্পিয়নছ লীগৰ সৰ্বাধিক গ’লদাতা আছিল। ২০২০ চনত হালেণ্ডে গোল্ডেন বয় বঁটা লাভ কৰাৰ বিপৰীতে ২০২১ চনত বুণ্ডেছলিগাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় আৰু ২০২১ আৰু ২০২২ চনত ফিফা ফিফপ্ৰ’ ৱৰ্ল্ড১১ত অন্তৰ্ভুক্ত হয়। মানচেষ্টাৰ চিটিৰ সৈতে তেওঁ প্ৰিমিয়াৰ লীগৰ অভিলেখো ভংগ কৰিছে, য’ত তেওঁ আটাইতকৈ দ্ৰুততম খেলুৱৈ হোৱাকে ধৰি ব্যক্তিগতভাৱে দুটা, তিনিটা আৰু চাৰিটা হেট্ৰিক সংগ্ৰহ কৰা, আৰু ঘৰুৱা ক্ষেত্ৰত একেৰাহে তিনিখন খেলত হেট্ৰিক কৰা লীগৰ ইতিহাসত প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়। হালেণ্ডে বিভিন্ন যুৱ পৰ্যায়ত নৰৱেক প্ৰতিনিধিত্ব কৰি আহিছে। ২০১৯ চনৰ ফিফা অনূৰ্ধ্ব-২০ বিশ্বকাপত তেওঁ প্ৰতিযোগিতাখনৰ গোল্ডেন বুট লাভ কৰে, একেখন খেলতে অভিলেখ সৃষ্টিকাৰী ৯টা গ’ল দিয়াৰ পিছত। ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ ছিনিয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। প্ৰাথমিক জীৱন ২০০০ চনৰ ২১ জুলাইত ইংলেণ্ডৰ পশ্চিম ইয়ৰ্কশ্বাৰৰ লিডছত জন্মগ্ৰহণ কৰা হালেণ্ডৰ পিতৃ আলফি হালেণ্ডে সেই সময়ত প্ৰিমিয়াৰ লীগত লিডছ ইউনাইটেডৰ হৈ খেলি আছিল।২০০৪ চনত তিনি বছৰ বয়সত তেওঁ নৰৱেৰ পিতৃ-মাতৃৰ গৃহ চহৰ ব্ৰাইনলৈ গুচি যায়।সৰুৰে পৰা ফুটবল খেলাৰ লগতে হালেণ্ডে সৰুতে হেণ্ডবল, গলফ আৰু ট্ৰেক এণ্ড ফিল্ডকে ধৰি বিভিন্ন খেলত অংশগ্ৰহণ কৰিছিল। তেওঁ পাঁচ বছৰ বয়সত ষ্টেণ্ডিং লং জাম্পৰ ক্ষেত্ৰতো তেওঁৰ বয়সৰ শাখাত বিশ্ব অভিলেখ গঢ়িছিল বুলি কোৱা হয়, ২০০৬ চনত তেওঁ ১.৬৩ মিটাৰ দূৰত্বৰ অভিলেখ গঢ়িছিল। ক্লাব কেৰিয়াৰ ব্ৰাইন হালেণ্ডে পাঁচ বছৰ বয়সতে নিজৰ গৃহ চহৰৰ ক্লাব ব্ৰাইনৰ একাডেমীত কাম আৰম্ভ কৰে।২০১৫–১৬ ছিজনত তেওঁ ব্ৰাইনৰ ৰিজাৰ্ভ দলৰ হৈ খেলিছিল আৰু আপ্লুত কৰিছিল, ১৪খন মেচত ১৮টা গ'ল দিছিল। ২০১৬ চনৰ মে’ মাহত গ’ট লাৰ্চেনক ব্ৰাইনৰ মেনেজাৰৰ পৰা বৰ্খাস্ত কৰা হয় আৰু যুৱ প্ৰশিক্ষক বাৰ্ণ্টচেনক কেয়াৰটেকাৰ বছলৈ পদোন্নতি দিয়া হয়। আন যুৱ দলসমূহত হালেণ্ডৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি অন্তৱৰ্তীকালীন পৰিচালকে কিশোৰজনৰ ১৬ বছৰীয়া জন্মদিনৰ তিনিমাহ আগতে প্ৰথমবাৰৰ বাবে আৰম্ভণিৰ দায়িত্ব দিছিল।তেওঁৰ অভিষেক ঘটে ১২ মে'ত ৰানহাইমৰ বিৰুদ্ধে দ্বিতীয় স্তৰৰ ১. ডিভিজন মেচ। প্ৰথম অৱস্থাত উইংগাৰ হিচাপে নিয়োজিত হোৱাৰ পিছত বাৰ্ণ্টচেনে কেইখনমান মেচৰ পিছত হালেণ্ডক ষ্ট্ৰাইকাৰ হিচাপে নিজৰ অনুকূল কেন্দ্ৰীয় ভূমিকাত ৰাখিছিল। যদিও তেওঁ ব্ৰাইনত তেওঁৰ ব্ৰেকথ্ৰু ছিজনত গ'ল দিব নোৱাৰিলে, হালেণ্ডক জাৰ্মান ক্লাব ১৮৯৯ হফেনহাইমে ট্ৰাইলৰ প্ৰস্তাৱ দিয়ে আৰু অৱশেষত মল্ডলৈ গৈ অলে গুনাৰ ছলস্কেৰৰ অধীনত খেলে। ব্ৰাইনৰ হৈ হালেণ্ডে মুঠ ১৬খন ছিনিয়ৰ খেলত অংশগ্ৰহণ কৰে। মোল্ড ২০১৭ চনৰ ১ ফেব্ৰুৱাৰীত মোল্ডে ১৬ বছৰীয়া হালেণ্ডক চুক্তিবদ্ধ কৰাৰ কথা ঘোষণা কৰে। ২৬ এপ্ৰিলত ভলডা টি আইৰ বিৰুদ্ধে নৰৱেজিয়ান কাপৰ এখন খেলত তেওঁ ক্লাবৰ হৈ অভিষেক ঘটায় আৰু অভিষেকৰ সময়ত ৩-২ গ'লত জয়লাভ কৰি গ'ল দিয়ে।৪ জুনত এলিটেচেৰিয়ানত হালেণ্ডে অভিষেক ঘটায়, ৭১ মিনিটত ছাৰ্পছবৰ্গ ০৮ৰ বিৰুদ্ধে বিকল্প হিচাপে আনিছিল লীগত প্ৰথমটো গ'ল।১৭ ছেপ্টেম্বৰত তেওঁৰ ছিজনৰ দ্বিতীয়টো ষ্ট্ৰাইক হৈছিল, কিয়নো তেওঁ ভাইকিং এফ কেৰ বিৰুদ্ধে ৩-২ গ’লত জয়লাভ কৰি নিৰ্ণায়ক গ’লটো দিছিল। খেলৰ পিছত হালেণ্ডে ভাইকিং সমৰ্থকসকলৰ প্ৰতি নিজৰ গ'লটো উদযাপন কৰাৰ বাবে সতীৰ্থ বিয়ৰ্ন বাৰ্গমেন ছিগুৰডাৰ্চনৰ পৰা সমালোচনা লাভ কৰে। হালেণ্ডে ২০খন খেলত চাৰিটা গ'ল দি মল্ডত প্ৰথম ছিজন সমাপ্ত কৰে। ২০১৮ চনৰ ১ জুলাইত হালেণ্ডে ব্ৰেনৰ বিৰুদ্ধে প্ৰথম ২১ মিনিটত চাৰিটা গ’ল দি সেই সময়ৰ অপৰাজিত লীগৰ নেতা দলৰ বিৰুদ্ধে ৪-০ গ’লত জয়লাভ কৰে। মেচখনৰ পিছত মোল্ডৰ মেনেজাৰ অলে গুনাৰ ছলস্কেৰে হালেণ্ডৰ খেলৰ শৈলীক বেলজিয়ামৰ ফৰৱাৰ্ড ৰোমেলু লুকাকুৰ সৈতে তুলনা কৰি কয় যে ক্লাবে বিভিন্ন ক্লাবৰ পৰা ষ্ট্ৰাইকাৰজনৰ বাবে কেইবাটাও নিবিদা নাকচ কৰিছে।তাৰ এসপ্তাহৰ পিছৰ মেচখনত হালেণ্ডে ৫-১ গ'লত জয়লাভ কৰি ভালেৰেংগাৰ বিৰুদ্ধে ব্ৰেচৰ সৈতে নিজৰ স্ক'ৰিং ৰান অব্যাহত ৰাখে। ২৬ জুলাইত ইউএফএ প্ৰতিযোগিতাত তেওঁ প্ৰথমটো গ'ল দিয়ে, ইউৰোপা লীগৰ কোৱালিফাইংত মোল্ডে কে এফ লাচিৰ বিৰুদ্ধে ৩-০ গ'লত জয়লাভ কৰি পেনাল্টিক ৰূপান্তৰিত কৰে।গোৰোহাৰ বাবে হালেণ্ডে মল্ডেৰ ছিজনৰ শেষৰ তিনিখন লীগ মেচত অংশগ্ৰহণ কৰা নাছিল।২০১৮ চনৰ এলিটচেৰিয়ানত কৰা অভিনয়ৰ বাবে হালেণ্ডে এলিটেচেৰিয়ান ব্ৰেকথ্ৰু অৱ দ্য ইয়েৰৰ বঁটা লাভ কৰে।তেওঁ ২০১৮ চনৰ ছিজনটো মোল্ডে শীৰ্ষ গ'লদাতা হিচাপে সমাপ্ত কৰে, সকলো প্ৰতিযোগিতাতে ৩০খন মেচত ১৬টা গ'ল দিয়ে। ৰেড বুল ছালজবাৰ্গ ২০১৮ চনৰ ১৯ আগষ্টত অষ্ট্ৰিয়াৰ বুণ্ডেছলিগা চেম্পিয়ন ৰেড বুল ছালজবাৰ্গে ঘোষণা কৰে যে হালেণ্ডে ২০১৯ চনৰ ১ জানুৱাৰীত ক্লাবত যোগদান কৰিব আৰু পাঁচ বছৰৰ বাবে চুক্তিবদ্ধ হ'ব।এথলেটিকৰ ফিল হেই পিছত প্ৰকাশ কৰিব যে ছালজবাৰ্গলৈ যোৱাৰ পূৰ্বে হালেণ্ডক পিতৃৰ প্ৰাক্তন ক্লাব লিডছ ইউনাইটেডৰ পৰাও প্ৰস্তাৱৰ আওতালৈ অনা হৈছিল।১৭ ফেব্ৰুৱাৰীত ২০১৮–১৯ চনৰ অষ্ট্ৰিয়ান কাপৰ কোৱাৰ্টাৰ ফাইনেলত উইনাৰ নিউষ্টেডটাৰৰ বিৰুদ্ধে ক্লাবৰ হৈ অভিষেক ঘটায় আৰু ১২ মে'ত অষ্ট্ৰিয়ান বুণ্ডেছলিগাত লাস্কৰ বিৰুদ্ধে ২-১ গ'লত জয়লাভ কৰাত প্ৰথমটো গ'ল দিয়ে। ১৯ জুলাইত,তেওঁ অষ্ট্ৰিয়ান কাপত এছ চি-ই এছ ভি পাৰ্নডৰ্ফৰ বিৰুদ্ধে ৭-১ গ'লত জয়লাভ কৰি ক্লাবৰ হৈ প্ৰথম হেট্ৰিক অৰ্জন কৰে,আৰু ইয়াৰ পিছত ১০ আগষ্টত লীগত প্ৰথমটো হেট্ৰিক ৫ ৰানত তিনিটা গ'ল দিয়ে –উলফছবাৰ্গাৰ এ চিৰ বিৰুদ্ধে ২ জয়। ১৪ ছেপ্টেম্বৰত টি এছ ভি হাৰ্টবাৰ্গৰ বিৰুদ্ধে ৭-২ গ’লত জয়লাভ কৰি ছালজবাৰ্গৰ হৈ তৃতীয়টো হেট্ৰিক লাভ কৰে; এইখন আছিল হালেণ্ডে একেৰাহে ষষ্ঠখন লীগ খেলত, মুঠ ১১টা গ'ল। তিনিদিন পিছত হালেণ্ডে ইউএফএ চেম্পিয়নছ লীগত গেংকৰ বিৰুদ্ধে অভিষেক ঘটায় আৰু প্ৰথমাৰ্ধত তিনিটা গ'ল দি অৱশেষত ৬-২ গ'লত জয়লাভ কৰে, যিটো ছালজবাৰ্গৰ হৈ তেওঁৰ চতুৰ্থটো সামগ্ৰিক হেট্ৰিক। চেম্পিয়নছ লীগ ছিজনৰ পৰৱৰ্তী দুখন মেচত হালেণ্ডে এনফিল্ডত লিভাৰপুলৰ বিৰুদ্ধে এটা গ’ল আৰু নাপোলিৰ বিৰুদ্ধে আৰু দুটা গ’ল ৰেকৰ্ড কৰি প্ৰতিযোগিতাখনৰ ইতিহাসত কৰিম বেনজেমাৰ পিছত প্ৰথম তিনিখন খেলৰ প্ৰতিখনতে গ’ল দিয়া মাত্ৰ দ্বিতীয়জন কিশোৰ হিচাপে পৰিগণিত হয়। তেওঁৰ ছটা গ'লও চেম্পিয়নছ লীগৰ প্ৰথম তিনিখন খেলত যিকোনো খেলুৱৈয়ে সৰ্বাধিক গ'ল দিছিল। নাপোলিৰ বিৰুদ্ধে ছালজবাৰ্গৰ ৰিভাৰ্ছ ফিক্সাৰত পেনাল্টি ৰূপান্তৰিত কৰাৰ পিছত হালেণ্ডে প্ৰতিযোগিতাখনৰ প্ৰথম চাৰিখন মেচত গ’ল দিয়া প্ৰথমজন কিশোৰ হিচাপে পৰিগণিত হয় আৰু জে কাৰ্লোছ, এলেছান্দ্ৰ’ ডেল পিয়েৰো আৰু ডিয়েগো কষ্টাৰ পিছত এই কৃতিত্ব অৰ্জন কৰা যিকোনো বয়সৰ মাত্ৰ চতুৰ্থজন খেলুৱৈ হিচাপে পৰিগণিত হয়। ইয়াৰ পিছত তেওঁ ১০ নৱেম্বৰত উলফছবাৰ্গাৰ এ চিৰ বিৰুদ্ধে ছালবজুৰ্গে ৩-০ গ'লত জয়লাভ কৰি তিনিওটা গ'ল দি ছিজনৰ পঞ্চমটো হেট্ৰিক আৰু উলফছবাৰ্গৰ বিৰুদ্ধে দ্বিতীয়টো হেট্ৰিক ৰেকৰ্ড কৰে। ২৭ নৱেম্বৰত হালেণ্ডে বেঞ্চৰ পৰা নামি গেংকৰ বিৰুদ্ধে আন এটা গ’ল দিয়ে, ডেল পিয়েৰো, চেৰহি ৰেব্ৰভ, নেইমাৰ, ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু ৰবাৰ্ট লেৱাণ্ডোস্কিৰ সৈতে যোগ দি চেম্পিয়নছ লীগৰ গ্ৰুপ পৰ্যায়ৰ প্ৰথম পাঁচখন মেচত গ’ল দিয়া একমাত্ৰ খেলুৱৈ হিচাপে পৰিগণিত হয় প্ৰতিযোগিতাখনত একেৰাহে পাঁচখন মেচত গ'ল দিয়া প্ৰথম কিশোৰ। কিন্তু লিভাৰপুলৰ বিৰুদ্ধে ছালজবাৰ্গৰ অন্তিমখন গ্ৰুপ মেচত তেওঁ নেট বিচাৰি নাপাব, কাৰণ তেওঁৰ দলটোৱে ২-০ গ'লত পৰাস্ত হয় আৰু প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয়। এইখন ক্লাবৰ বাবে হালেণ্ডৰ অন্তিমখন খেল বুলি প্ৰমাণিত হ’ব; তেওঁ ২৯টা গ'ল দি ছালজবাৰ্গ এৰি যায়, ইয়াৰে ২৮টা গ'ল ২০১৯–২০ ছিজনত মাত্ৰ ২২খন খেলতহে গ'ল দিয়ে। বৰুছিয়া ডৰ্টমুণ্ড ২০১৯–২০: আত্মপ্ৰকাশৰ ছিজন মানচেষ্টাৰ ইউনাইটেড আৰু জুভেণ্টাছৰ লক্ষ্য বুলি কোৱা হৈছে যদিও বুণ্ডেছলিগা ক্লাব বৰুছিয়া ডৰ্টমুণ্ডে ২০১৯ চনৰ ২৯ ডিচেম্বৰত শীতকালীন ট্ৰেন্সফাৰ উইণ্ডো মুকলি হোৱাৰ তিনিদিন আগতে হালেণ্ডক চুক্তিবদ্ধ কৰাটো নিশ্চিত কৰিছিল, ২০ মিলিয়ন ইউৰোৰ অঞ্চলত মাচুল বুলি কোৱা হৈছে, এ সাড়ে চাৰি বছৰৰ চুক্তি। ২০২০ চনৰ ১৮ জানুৱাৰীত ডৰ্টমুণ্ডৰ হৈ বিদেশত এফ চি অগছবাৰ্গত অভিষেক ঘটায়, দ্বিতীয়াৰ্ধত বিকল্প হিচাপে খেলিছিল আৰু ৫-৩ গ'লত জয়লাভ কৰি ২৩ মিনিটৰ ভিতৰতে হেট্ৰিক অৰ্জন কৰিছিল।ইয়াৰ ফলত তেওঁ ডৰ্টমুণ্ডৰ ইতিহাসত পিয়েৰ-এমেৰিক অ'বামেয়াঙৰ পিছত বুণ্ডেছলিগাত অভিষেক ঘটোৱাত তিনিটা গ'ল দিয়া মাত্ৰ দ্বিতীয়জন খেলুৱৈ হিচাপে পৰিগণিত হয়।ছয় দিনৰ পাছত হালেণ্ডে পুনৰবাৰ বেঞ্চৰ পৰা নামি স্থানীয় প্ৰতিদ্বন্দ্বী ১.এফ চি কলনৰ বিৰুদ্ধে ডৰ্টমুণ্ডৰ খেলখনত দ্বিতীয়বাৰৰ বাবে ক্লাবত অংশগ্ৰহণ কৰে। ১২ মিনিটৰ পিছত তেওঁ গ'ল দিয়ে আৰু ১০ মিনিটৰ পিছত দ্বিতীয়টো গ'ল দি তেওঁৰ দলটোক ৫-১ গ'লত জয়লাভ কৰাত সহায় কৰে। হালেণ্ড তেওঁৰ প্ৰথম দুখন মেচত পাঁচটা গ'ল দিয়া প্ৰথমজন বুণ্ডেছলিগাৰ খেলুৱৈ হিচাপে পৰিগণিত হয়, লগতে সেই সংখ্যাত উপনীত হোৱা আটাইতকৈ দ্ৰুত খেলুৱৈ হিচাপে পৰিগণিত হয় (৫৬ মিনিট খেলা)। লীগত খেলপথাৰত মাত্ৰ এঘণ্টা থকাৰ পিছতো তেওঁ জানুৱাৰী মাহৰ বুণ্ডেছলিগাৰ মাহৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে।১ ফেব্ৰুৱাৰীত ইউনিয়ন বাৰ্লিনৰ বিৰুদ্ধে হালেণ্ডে ব্ৰেচ লাভ কৰে আৰু বুণ্ডেছলিগাৰ প্ৰথম তিনিখন খেলত সাতটা গ'ল দিয়া ইতিহাসৰ প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়। ১৮ ফেব্ৰুৱাৰীত চেম্পিয়নছ লীগৰ ১৬ ৰাউণ্ডত পেৰিছ চেণ্ট জাৰ্মেইনৰ বিৰুদ্ধে প্ৰথম লেগত ২-১ গ’লত জয়লাভ কৰা ডৰ্টমুণ্ডৰ দুয়োটা গ’লত হালেণ্ডে দুয়োটা গ’ল দিয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গ্ৰুপ পৰ্যায়ত ছালজবাৰ্গৰ হৈ গ'ল দিয়া আঠটা গ'লৰ সৈতে যোগ দিলে।১১ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৰিটাৰ্ণ লেগত ডৰ্টমুণ্ডে ২-০ গ'লত পৰাস্ত হ'ব, কাৰণ হালেণ্ডে একেটা ছিজনতে দ্বিতীয়বাৰৰ বাবে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয়। ১৬ মে'ত চলি থকা ক'ভিড-১৯ মহামাৰীৰ মাজত বুণ্ডেছলিগাৰ উভতি অহাৰ পিছত হালেণ্ডে ডৰ্টমুণ্ডে শ্বালকে ০৪ৰ বিৰুদ্ধে ৪-০ গ'লত ৰেভিয়াৰডাৰ্বিত জয়লাভ কৰাৰ প্ৰথমটো গ'ল দিয়ে, যিটো বুণ্ডেছলিগা ছিজনৰ তেওঁৰ দশমটো গ'ল। ২০ জুনত তেওঁ আৰ বি লাইপজিগৰ বিৰুদ্ধে ২-০ গ'লত জয়লাভ কৰি দুয়োটা গ'ল দি ডৰ্টমুণ্ডৰ হৈ দ্বিতীয় স্থান দখল কৰে, যাৰ ফলত পিছৰ ছিজনত চেম্পিয়নছ লীগ ফুটবল খেলিব। হালেণ্ডে ছালজবাৰ্গ আৰু ডৰ্টমুণ্ড দুয়োখন দলৰ হৈ খেলা সকলো প্ৰতিযোগিতাতে ৪০খন ক্লাব খেলত ৪৪টা গ'ল দি ২০১৯–২০ বৰ্ষৰ অভিযানৰ সামৰণি মাৰে। ২০২০–২১: ব্যক্তিগত সফলতা অব্যাহত ২০২০ চনৰ ১৯ ছেপ্টেম্বৰত ডৰ্টমুণ্ডৰ নতুন ছিজনৰ প্ৰথমখন মেচত হালেণ্ডে বৰুছিয়া মনচেংলাডবাকৰ বিৰুদ্ধে ৩-০ গ'লত জয়লাভ কৰি ব্ৰেচ এটা গ'ল দিয়ে। ৩০ ছেপ্টেম্বৰত ডিএফএল-ছুপাৰকাপত বায়াৰ্ন মিউনিখৰ হাতত ডেৰ ক্লাছিকাৰৰ বিৰুদ্ধে ২-৩ গ'লত পৰাস্ত হোৱাৰ সময়ত তেওঁ নিজৰ দলৰ সমতা স্থাপন কৰে,আৰু ৭ নৱেম্বৰত লীগত দল দুটাৰ মুখামুখি হোৱাৰ সময়ত বায়াৰ্নৰ বিৰুদ্ধে পুনৰ নেট বিচাৰি পায়, ডৰ্টমুণ্ডে ২ গ'লত পৰাস্ত হয় –৩ আৰু এবাৰ। ২১ নৱেম্বৰত হালেণ্ডে হাৰ্থা বিএছচিৰ বিৰুদ্ধে বিদেশত ৫-২ গ'লত জয়লাভ কৰি ৩২ মিনিটত চাৰিটা গ'ল দিয়ে। নৱেম্বৰ মাহত এই পাঁচটা গ'লৰ বাবে তেওঁক দ্বিতীয়বাৰৰ বাবে বুণ্ডেছলিগাৰ মাহৰ শ্ৰেষ্ঠ খেলুৱৈৰ মুকুট পিন্ধোৱা হয়। চেম্পিয়নছ লীগত হালেণ্ডে নিজৰ গ’ল দিয়াৰ কৃতিত্ব অব্যাহত ৰাখি ২০২০–২১ বৰ্ষৰ গ্ৰুপ পৰ্যায়ৰ প্ৰথম চাৰিখন মেচত ছটা গ’ল দিছিল, ২৪ নৱেম্বৰত ক্লাব ব্ৰুজৰ বিৰুদ্ধে ৩-০ গ’লত জয়লাভ কৰি তেওঁৰ ব্ৰেছে ১৫টা চেম্পিয়নৰ ৰেকৰ্ড কৰা আটাইতকৈ দ্ৰুত খেলুৱৈ হিচাপে পৰিগণিত হৈছিল লীগৰ গ’ল; তেওঁ ১২খন খেলত এই মানদণ্ডত উপনীত হৈছিল। ২ ডিচেম্বৰত লাজিঅ'ৰ বিৰুদ্ধে ডৰ্টমুণ্ডৰ পঞ্চমখন গ্ৰুপ মেচৰ কিছু ঘণ্টা আগতে ক্লাবটোৱে ঘোষণা কৰে যে হালেণ্ডৰ হামষ্ট্ৰিং আঘাত হৈছে, যাৰ বাবে তেওঁ নতুন বছৰৰ পিছলৈকে খেলৰ পৰা আঁতৰি থাকে। ২০২১ চনৰ ৩ জানুৱাৰীত ভিএফএল উলফছবাৰ্গৰ বিৰুদ্ধে তেওঁ উভতি আহে। ৯ জানুৱাৰীত আৰ বি লেইপজিগৰ বিৰুদ্ধে ৩-১ গ'লত জয়লাভ কৰি তেওঁ এটা ব্ৰেচ গ'ল দিয়ে,আৰু ২২ জানুৱাৰীত মনচেংলাডবাকৰ হাতত ৪-২ গ'লত পৰাস্ত হোৱাত আৰু দুটা গ'ল দিয়ে। ১৭ ফেব্ৰুৱাৰীত চেম্পিয়নছ লীগৰ ১৬ ৰাউণ্ডৰ প্ৰথম লেগত ডৰ্টমুণ্ডে চেভিলাৰ বিৰুদ্ধে ৩-২ গ'লত বিদেশত জয়লাভ কৰি হালেণ্ডে দুটা গ'ল দিয়ে। ৬ মাৰ্চত আলিয়ানজ এৰিনাত বায়াৰ্নৰ বিৰুদ্ধে ডৰ্টমুণ্ডৰ ৰিভাৰ্ছ লীগ খেলখনত হালেণ্ডে প্ৰথম ১০ মিনিটৰ ভিতৰতে দুটা গ’ল দি নিজৰ দলটোক ২-০ গ’লত অগ্ৰগতি প্ৰদান কৰে। কিন্তু দ্বিতীয়াৰ্ধত তেওঁক নক এটা লোৱাৰ পিছত বদলি কৰা হয়, কাৰণ বায়াৰ্নে ৰেলী কৰি মেচখন ৪-২ গ'লত জয়লাভ কৰে। হালেণ্ডৰ দ্বিতীয়টো গ'ল আছিল তেওঁৰ ছিনিয়ৰ কেৰিয়াৰৰ ১০০ সংখ্যক গ'ল, ১৪৬খন খেলত এই মাইলৰ খুঁটিত উপনীত হয়। ৯ মাৰ্চত দ্বিতীয় লেগত চেভিলাৰ বিৰুদ্ধে ২-২ গ'লত ড্ৰ' কৰি হালেণ্ডে আন এটা ব্ৰেছ গ'ল দি সৰ্বমুঠ ৫-৪ গ'লত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।মাত্ৰ ১৪খন মেচ খেলাৰ বাবেই তেওঁ প্ৰতিযোগিতাখনত ২০টা গ'ল দিয়া আটাইতকৈ দ্ৰুত আৰু কম বয়সীয়া খেলুৱৈ দুয়োটা হিচাপে পৰিগণিত হয়, লগতে একেৰাহে চাৰিখন চেম্পিয়নছ লীগত খেলত একাধিকবাৰ গ'ল দিয়া প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়। গভীৰ ঘাঁৰ বাবে দুখন মেচ খেলিব নোৱাৰিলে,হালেণ্ডে ১৩ মে'ত ২০২১ চনৰ ডিএফবি-প'কাল ফাইনেলৰ বাবে ডৰ্টমুণ্ডৰ আৰম্ভণি লাইন আপলৈ উভতি আহে; লেইপজিগৰ বিৰুদ্ধে ৪-১ গ'লত জয়লাভ কৰি তেওঁ এটা ব্ৰেচ স্ক'ৰ কৰিছিল আৰু ক্লাবৰ সৈতে প্ৰথম খিতাপ নিশ্চিত কৰিছিল।তেওঁ সকলো প্ৰতিযোগিতাতে ৪১টা গ'ল দি ছিজনটো শেষ কৰে, লীগত ২৭টা গ'ল, যিয়ে তেওঁক অনুৰাগীৰ ভোটত বুণ্ডেছলিগা প্লেয়াৰ অৱ দ্য ছিজনৰ বঁটা লাভ কৰে,আৰু চেম্পিয়নছ লীগৰ সৰ্বাধিক গ'লদাতা হিচাপে ১০টা গ'ল দি ছিজনটো সমাপ্ত কৰে, পিছলৈ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ ফৰৱাৰ্ড হিচাপে সন্মানিত হয়। ২০২১–২২: আঘাতৰ সংগ্ৰাম আৰু প্ৰস্থান ২০২১–২২ বৰ্ষৰ ছিজনটো ২০২১ চনৰ ৭ আগষ্টত ডিএফবি-প'কালৰ প্ৰথম ৰাউণ্ডত ৱেহেন উইছবাডেনৰ বিৰুদ্ধে হেট্ৰিক দি হালেণ্ডে আৰম্ভ কৰে। এসপ্তাহৰ পিছত বুণ্ডেছলিগাৰ প্ৰথম মেচডে তেওঁ ব্ৰেচ আৰু দুটা গ'লত সহায় কৰে আৰু ডৰ্টমুণ্ডে আইনট্ৰাখ্ট ফ্ৰেংকফৰ্টক ৫-২ গ'লত পৰাস্ত কৰে।ছিজনৰ প্ৰথম মাহত হালেণ্ডে হামষ্ট্ৰিং আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থাকে, ১৬ অক্টোবৰত ঘূৰি আহি মেইনজৰ বিৰুদ্ধে ৩-১ গ'লত জয়লাভ কৰে।ইয়াৰ কিছু সময়ৰ পিছতে হালেণ্ডে হিপ ফ্লেক্সৰত আঘাত পায়, যাৰ ফলত তেওঁ দুমাহৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থাকে।২৭ নৱেম্বৰত তেওঁ উলফছবাৰ্গৰ বিৰুদ্ধে ৩-১ গ'লত জয়লাভ কৰি বুণ্ডেছলিগাত ৫০ সংখ্যক গ'ল দি আটাইতকৈ কম খেলৰ নতুন অভিলেখ গঢ়িছিল আৰু লগতে ৫০টা লীগ গ'ল দিয়া আটাইতকৈ কম বয়সীয়া খেলুৱৈও হৈছিল। ১০ মে'ত ডৰ্টমুণ্ডে ঘোষণা কৰে যে হালেণ্ডে ছিজনৰ শেষত প্ৰিমিয়াৰ লীগ ক্লাব মানচেষ্টাৰ চিটিৰ সৈতে চুক্তিবদ্ধ হ'ব।[81] চাৰিদিন পিছত তেওঁ ডৰ্টমুণ্ডৰ হাৰ্থা বিএছচিৰ বিৰুদ্ধে অন্তিমখন খেলৰ পূৰ্বে ৱেষ্টফেলেনষ্টেডিয়নত ক্লাবটোক বিদায় দিয়ে আৰু ২-১ গ'লত জয়লাভ কৰি ডৰ্টমুণ্ডৰ প্ৰথমটো গ'ল দিয়ে। মানচেষ্টাৰ চিটি ২০২২ চনৰ ১০ মে'ত প্ৰিমিয়াৰ লীগ ক্লাব মানচেষ্টাৰ চিটিয়ে হালেণ্ডক ৬০ মিলিয়ন ইউৰো (৫১.২ মিলিয়ন পাউণ্ড) মুক্তিৰ দফা সক্ৰিয় কৰাৰ পিছত চুক্তিবদ্ধ হোৱাৰ কথা ঘোষণা কৰে।১৩ জুনত এই চুক্তি আনুষ্ঠানিক কৰা হয় আৰু চিটিয়ে ঘোষণা কৰে যে হালেণ্ডে ১ জুলাইত পাঁচ বছৰৰ চুক্তিত ক্লাবত যোগদান কৰিব। ৩০ জুলাইত তেওঁ প্ৰতিযোগিতামূলকভাৱে অভিষেক ঘটায়, ২০২২ চনৰ এফ এ কমিউনিটি শ্বিল্ডত লিভাৰপুলৰ হাতত ৩-১ গ'লত পৰাস্ত হৈ ৯০ মিনিট খেলে।৭ আগষ্টত ৱেষ্ট হাম ইউনাইটেডৰ বিৰুদ্ধে ২-০ গ'লত বিদেশত জয়লাভ কৰি লীগত অভিষেক ঘটোৱাৰ সময়ত তেওঁ দুটা গ'ল দিয়ে।২৭ আগষ্টত হালেণ্ডে ক্ৰিষ্টাল পেলেছৰ বিৰুদ্ধে ৪-২ গ’লত জয়লাভ কৰি প্ৰথম প্ৰিমিয়াৰ লীগ হেট্ৰিক অৰ্জন কৰে,আৰু চাৰিদিন পিছত তেওঁৰ বিৰুদ্ধে ৬-০ গ’লত জয়লাভ কৰি দ্বিতীয়টো, নিখুঁত হেট্ৰিকঅৰ্জন কৰে নটিংহাম ফৰেষ্টে তেওঁক প্ৰিমিয়াৰ লীগৰ ইতিহাসত দুটা হেট্ৰিক কৰা আটাইতকৈ দ্ৰুত ব্যক্তি হিচাপে গঢ়ি তুলিছিল, পূৰ্বৰ অভিলেখ ১৪খন মেচত পৰাস্ত কৰিছিল; [পিছলৈ তেওঁক আগষ্ট মাহৰ প্ৰিমিয়াৰ লীগৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হৈছিল, যিটো তেওঁৰ প্ৰথম মাহত লীগত খেলিছিল। ৬ ছেপ্টেম্বৰত তেওঁ ক্লাবটোৰ হৈ চেম্পিয়নছ লীগত অভিষেক ঘটায়, চেভিলাৰ বিৰুদ্ধে দুটা গ'ল দিয়ে আৰু চেম্পিয়নছ লীগৰ ২০খন খেলত ২৫টা গ'ল দিয়া প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়। ২ অক্টোবৰত হালেণ্ডে মানচেষ্টাৰ ইউনাইটেডৰ বিৰুদ্ধে চিটিয়ে ৬-৩ গ'লত জয়লাভ কৰি ঘৰুৱা ক্ষেত্ৰত একেৰাহে তিনিখন খেলত হেট্ৰিক কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়, য'ত তেওঁ দুটা এছিষ্টো লাভ কৰে।ইয়াৰ উপৰিও তেওঁ প্ৰিমিয়াৰ লীগৰ ইতিহাসত তিনিটা হেট্ৰিক অৰ্জন কৰা আটাইতকৈ দ্ৰুততম খেলুৱৈ হিচাপে পৰিগণিত হয়, লীগৰ আঠখন খেলত তেনেকুৱা কৰিছিল আৰু ১৯৯৮ চনত মাইকেল ওৱেনে স্থাপন কৰা ৪৮খন লীগ খেলৰ পূৰ্বৰ অভিলেখক পৰাস্ত কৰাৰ লগতে এলান শ্বিয়াৰৰ তিনিটা গ’লৰ অভিলেখ আধালৈ হ্ৰাস কৰিছিল ১৯৯৪–৯৫ চনৰ ছিজনত ১০খন খেলত হেট্ৰিক লাভ কৰে। ২৮ ডিচেম্বৰত লিডছ ইউনাইটেডৰ বিৰুদ্ধে চিটিয়ে বিদেশত ৩-১ গ’লত জয়লাভ কৰি হালেণ্ডে ব্ৰেচ লাভ কৰি ১৪খন মেচত ২০টা গ’ললৈ বৃদ্ধি কৰে আৰু প্ৰিমিয়াৰ লীগৰ ২০টা গ’ল দিয়া ইতিহাসৰ সৰ্বাধিক দ্ৰুত খেলুৱৈ হিচাপে পৰিগণিত হয় আৰু চাণ্ডাৰলেণ্ডৰ কেভিন ফিলিপছৰ অভিলেখক ৭টা গ’লত পৰাস্ত কৰে খেল। ২০২৩ চনৰ ২২ জানুৱাৰীত হালেণ্ডে উলভাৰহামপটন ৱাণ্ডাৰাৰছৰ বিৰুদ্ধে চতুৰ্থটো হেট্ৰিক অৰ্জন কৰি মাত্ৰ ১৯খন খেলৰ অন্তত প্ৰিমিয়াৰ লীগৰ মুঠ ২৫টা গ’ল দিয়ে, যাৰ ফলত তেওঁ পূৰ্বৰ ছিজনৰ সৰ্বাধিক গ’লদাতা মহম্মদ চালাহ আৰু ছন হেউং-মিনক অতিক্ৰম কৰে, যি দুয়োজনেই গোটেই ছিজনটোত ২৩টা লীগ গ'ল দিছিল। ১৪ মাৰ্চত হালেণ্ডে আৰ বি লাইপজিগৰ বিৰুদ্ধে পাঁচটা গ'ল দি লিয়নেল মেছি আৰু লুইজ এড্ৰিয়ানোৰ সৈতে সমতা স্থাপন কৰি চেম্পিয়নছ লীগৰ এখন খেলত সৰ্বাধিক গ'ল দিয়ে। তেনে কৰাৰ ফলত তেওঁ সকলো প্ৰতিযোগিতাতে ৩৯টা গ'লও লাভ কৰে আৰু চিটিৰ একক ছিজনত সৰ্বাধিক গ'ল দিয়াৰ অভিলেখ ভংগ কৰে, যিটো পূৰ্বে ১৯২৮-১৯২৯ চনৰ ছিজনত ৩৮টা গ'ল দিয়া টমী জনছনৰ হাতত আছিল। ইয়াৰ উপৰিও তেওঁ মেছি আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ সৈতে একাধিক চেম্পিয়নছ লীগ অভিযানত কমেও ১০টা গ'ল দিয়া একমাত্ৰ খেলুৱৈ হিচাপে যোগদান কৰে। বাৰ্নলীৰ বিৰুদ্ধে মানচেষ্টাৰ চিটিৰ এফ এ কাপৰ খেলৰ সময়ত হালেণ্ডে ছিজনৰ ষষ্ঠটো হেট্ৰিক অৰ্জন কৰি সকলো প্ৰতিযোগিতাতে ৪০ গ’লৰ সীমা অতিক্ৰম কৰে। হালেণ্ডে ২৬খন খেলত ২৮টা গ'ল দিছে, যাৰ ফলত তেওঁ বৰ্তমান এণ্ডি ক'ল আৰু এলান শ্বিয়াৰৰ একক ছিজনৰ অভিলেখৰ পৰা ৮টা গ'লৰ পিছ পৰি আছে। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ যুৱকাল হালেণ্ডে নৰৱেৰ হৈ খেলে, আৰু বিভিন্ন বয়সৰ গোটত তেওঁলোকক প্ৰতিনিধিত্ব কৰি আহিছে। ২০১৮ চনৰ ২৭ মাৰ্চত নৰৱেৰ ১৯ বছৰ অনুৰ্ধ দলৰ সৈতে থকাৰ সময়তে হালেণ্ডে স্কটলেণ্ডৰ বিৰুদ্ধে ৫-৪ গ'লত জয়লাভ কৰি হেট্ৰিক অৰ্জন কৰি তেওঁৰ দেশক ২০১৮ চনৰ ইউএফএ ইউৰোপীয় ১৯ অনুৰ্ধ চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰাত সহায় কৰে। ২০১৮ চনৰ ২২ জুলাইত টুৰ্ণামেণ্টৰ ফাইনেলৰ সময়ত ইটালীৰ বিৰুদ্ধে ১-১ গ'লত ড্ৰ'ত হালেণ্ডে পেনাল্টি লাভ কৰে। ২০১৯ চনৰ ৩০ মে'ত পোলেণ্ডৰ লুবলিনত অনুষ্ঠিত ২০১৯ চনৰ ফিফা ২০ বছৰ অনুৰ্ধ বিশ্বকাপত নৰৱেৰ ২০ বছৰ অনুৰ্ধ দলৰ হণ্ডুৰাছৰ বিৰুদ্ধে ১২-০ গ'লত জয়লাভ কৰা খেলখনত হালেণ্ডে ৯টা গ'ল দিয়ে। ২০ বছৰ অনুৰ্ধ পৰ্যায়ত নৰৱেৰ এইটোৱেই আছিল সৰ্ববৃহৎ জয়ৰ লগতে হণ্ডুৰাছৰ এতিয়ালৈকে হোৱা আটাইতকৈ গধুৰ পৰাজয়। হালেণ্ডে এখন মেচত এজন খেলুৱৈয়ে সৰ্বাধিক গ'ল দিয়াৰ ক্ষেত্ৰতো ২০-অনূৰ্ধ্ব বিশ্বকাপৰ অভিলেখ গঢ়িছিল আৰু ইয়াৰ ফলত অতিৰিক্তভাৱে প্ৰতিযোগিতাখনৰ ইতিহাসৰ যিকোনো দলৰ আটাইতকৈ ডাঙৰ জয়। গ্ৰুপ পৰ্যায়ত নৰৱেৰ দল বাহিৰ হোৱাৰ পিছতো, আৰু হালেণ্ডে প্ৰতিযোগিতাখনৰ আন কোনো মেচত গ'ল নিদিয়াৰ পিছতো তেওঁ প্ৰতিযোগিতাখনৰ সৰ্বোচ্চ স্ক'ৰাৰ হিচাপে গোল্ডেন বুট লাভ কৰে। জ্যেষ্ঠকাল লিডছত জন্মগ্ৰহণ কৰাৰ বাবে হালেণ্ড ইংলেণ্ডৰ হৈ খেলাৰ যোগ্য আছিল যদিও মেনেজাৰ গেৰেথ চাউথগেটে কয় যে হালেণ্ডে কেৱল নৰৱেৰ হৈ খেলিব বিচাৰে। হালেণ্ডক মেনেজাৰ লাৰ্ছ লেগাৰবেকে ২০১৯ চনৰ ২৮ আগষ্টত নৰৱেৰ ছিনিয়ৰ দলীয় দললৈ নিযুক্তি দিয়ে, ইউএফএ ইউৰো ২০২০ৰ কোৱালিফাইং মেচত মাল্টা আৰু ছুইডেনৰ বিৰুদ্ধে; তেওঁ ২০১৯ চনৰ ৫ ছেপ্টেম্বৰত মাল্টাৰ বিৰুদ্ধে ছিনিয়ৰ ৰাষ্ট্ৰীয় দলত অভিষেক ঘটায়। ২০২০ চনৰ ৪ ছেপ্টেম্বৰত ২০২০–২১ ইউএফএ নেচনছ লীগ বিত অষ্ট্ৰিয়াৰ বিৰুদ্ধে ১-২ গ'লত পৰাস্ত হৈ নৰৱেৰ হৈ হালেণ্ডে প্ৰথমটো ছিনিয়ৰ আন্তঃৰাষ্ট্ৰীয় গ'ল দিয়ে। তিনিদিন পিছত উত্তৰ আয়াৰলেণ্ডৰ বিৰুদ্ধে ৫-১ গ'লত জয়লাভ কৰি তেওঁ এটা ব্ৰেচ স্ক'ৰ কৰে। ১১ অক্টোবৰত নেচনছ লীগ বি মেচত ৰোমানিয়াৰ বিৰুদ্ধে নৰৱেৰ ৪-০ গ'লত জয়লাভ কৰি হালেণ্ডে প্ৰথম আন্তঃৰাষ্ট্ৰীয় হেট্ৰিক অৰ্জন কৰে আৰু ছিনিয়ৰ দলৰ হৈ খেলা ছখন মেচত ছটা গ'ল সংগ্ৰহ কৰে। ২০২১ চনৰ ছেপ্টেম্বৰ মাহত আন্তঃৰাষ্ট্ৰীয় বিৰতিৰ সময়ত হালেণ্ডে বিশ্বকাপৰ অৰ্হতাৰ তিনিখন মেচত পাঁচটা গ'ল দিয়ে, য'ত জিব্ৰাল্টাৰৰ বিৰুদ্ধে ৫-১ গ'লত জয়লাভ কৰি নৰৱেৰ হৈ দ্বিতীয়টো হেট্ৰিক গ'ল কৰে। খেলাৰ শৈলী এজন প্ৰচুৰ গ’লদাতা হালেণ্ডৰ সম্পূৰ্ণ চেণ্টাৰ ফৰৱাৰ্ডৰ সকলো বৈশিষ্ট্য আছে। তেওঁ নিজৰ ডাঙৰ ফ্ৰেমটো ব্যৱহাৰ কৰি প্লে আপক ফলপ্ৰসূভাৱে ধৰি ৰাখে আৰু আনকো জড়িত কৰে। পিছফালে দৌৰিবলৈ তেওঁৰ গতি আৰু চতুৰ গতি আছে; তেওঁ ড্ৰিবল কৰি সৃষ্টি কৰিব পাৰে; আৰু ভৰি আৰু মূৰ দুয়োটাৰে শেষ কৰিব পাৰে। তেওঁ সাধাৰণতে নিজৰ দলটোক খেল গঢ়ি তোলাত সহায় কৰিবলৈ বল সংগ্ৰহ কৰিবলৈ গভীৰলৈ আহে, প্ৰায়ে সতীৰ্থৰ বাবে বলটো বহলকৈ বিস্তাৰ কৰিবলৈ বিচাৰে, তাৰ পিছত ঘূৰি গ’লৰ ফালে দৌৰি যায়। তেওঁ কেতিয়াবা ডিফেণ্ডাৰসকলে তেওঁক অনুসৰণ কৰিব নোৱাৰাকৈয়ে গভীৰলৈ আহে, সেইবাবেই তেওঁৰ বল অন কৰি আগলৈ মুখ কৰি থকা অৱস্থানৰ পৰা সৃষ্টি কৰাৰ সজাগতা থাকে। পেনাল্টি এৰিয়াত তেওঁ সৰু সৰু চোকা গতিবিধি কৰি সতীৰ্থই তেওঁক মহাকাশত বিচাৰি উলিয়াবলৈ চেষ্টা কৰাৰ সুযোগ এটা ধৰা পেলায়, আৰু তেওঁ দৌৰি থকা লাইনটো সলনি কৰি সেই স্থানত ত্বৰান্বিত কৰিব পাৰে, যাৰ ফলত ডিফেণ্ডাৰসকলে তেওঁক পঢ়িবলৈ অত্যন্ত কঠিন হৈ পৰে। গ’লৰ ওচৰলৈ পিঠি দি খেলিলে তেওঁ নিজৰ শৰীৰটো ভালদৰে ব্যৱহাৰ কৰে, বলটোক নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰাৰ সময়ত ফলপ্ৰসূভাৱে সুৰক্ষা দিয়ে। হেঁচাত পৰিলে তেওঁ নিজৰ শক্তি ব্যৱহাৰ কৰি প’ছেছন নিশ্চিত কৰিব পাৰে বুলি ধৰি ল’লে ক্লিয়াৰেন্সৰ পিছত নিজৰ দলৰ ডিফেণ্ডাৰসকলক কিছু ৰেহাই দিয়াৰ ক্ষেত্ৰতো তেওঁ ফলপ্ৰসূ। হালেণ্ডৰ সৃষ্টিশীলতা আটাইতকৈ বেছি স্পষ্ট হয় যেতিয়া তেওঁ বাওঁফালৰ ভিতৰৰ চেনেলটোলৈ ড্ৰিফ্ট কৰে। তেওঁৰ প্ৰধান লক্ষ্য সদায় শ্বট অফ কৰা, কিন্তু চেণ্টাৰত মিডফিল্ডৰ পৰা পলমকৈ হোৱা ৰান এটা বাছি উলিওৱাৰ দৃষ্টিভংগী আৰু দক্ষতাও তেওঁৰ আছে। তেওঁৰ গতিবেগেৰে বল কঢ়িয়াই নিয়াৰ ক্ষমতাই আনৰ বাবেও সৃষ্টি কৰাত সহায় কৰে, বিশেষকৈ পাল্টা আক্ৰমণ। হালেণ্ডে ঝ্লাটান ইব্ৰাহিমোভিচ আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডোক মূৰ্তি হিচাপে গ্ৰহণ কৰে যদিও মিচু, জেমী ভাৰ্ডি, চাৰ্জিঅ' আগুৱেৰো আৰু ৰবিন ভান পাৰ্চিকো প্ৰেৰণা হিচাপে উল্লেখ কৰে আৰু ভাৰ্জিল ভান ডাইক আৰু চাৰ্জিঅ' ৰামোছক তেওঁৰ বিৰুদ্ধে খেলা দুজন কঠিন ডিফেণ্ডাৰ হিচাপে কৃতিত্ব দিয়ে। ব্যক্তিগত জীৱন হালেণ্ড নৰৱেৰ প্ৰাক্তন ফুটবলাৰ আলফি হালেণ্ড আৰু প্ৰাক্তন মহিলা হেপ্টাথলন খেলুৱৈ গ্ৰী মাৰিটা ব্ৰাউটৰ পুত্ৰ। ২০১৭ চনত নৰৱেৰ কাকত আফটেনপষ্টেনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হালেণ্ডে কৈছিল যে "সপোন হৈছে লিডছৰ সৈতে প্ৰিমিয়াৰ লীগ জয় কৰা।" তেওঁৰ খুলশালীয়েক জোনাটান ব্ৰাউট ব্ৰুনেছ আৰু এলবাৰ্ট টিজালেণ্ডো পেছাদাৰী ফুটবলাৰ। ২০১৬ চনত হালেণ্ড আৰু তেওঁৰ নৰৱেৰ ১৮ বছৰ অনুৰ্ধৰ সতীৰ্থ এৰিক বথেইম আৰু এৰিক টবিয়াছ ছেণ্ডবাৰ্গে গঠিত এটা গোট ফ্ল' কিংজে ইউটিউবত আপলোড কৰে "কাইগো জো।" তেওঁ ধ্যান-ধাৰণাৰ অনুশীলনকাৰী। লগতে চাওঁক ফ্ৰান্স পেলে তথ্য সংগ্ৰহ ফুটবল
62491
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%BE%E0%A6%B2%20%E0%A6%9A%E0%A6%B2%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0
সমান্তৰাল চলচ্চিত্ৰ
সমান্তৰাল চলচ্চিত্ৰ হৈছে ভাৰতীয় চলচ্চিত্ৰত আৰম্ভ হোৱা একপ্ৰকাৰৰ চলচ্চিত্ৰ বিপ্লৱ। ১৯৫০ চনত পশ্চিমবংগত আৰম্ভ হোৱা সমান্তৰাল চলচ্চিত্ৰৰ এই ধাৰাটোক তিৰ ব্যৱসায়িক ভাৰতীয় চলচ্চিত্ৰৰ এক বিকল্প বুলিও ক'ব পাৰি। ফৰাচী নৱ ঢৌ আৰু জাপানীজ নৱ ঢৌৰ ঠিক আগে আগে সৃষ্টি হোৱা সমান্তৰাল চলচ্চিত্ৰৰ এই ধাৰণাটো মূলতঃ ইটালিয়ান নিঅ'ৰিয়েলিজ্মৰ পৰা অনুপ্ৰাণিত হৈছিল। সমান্তৰাল চলচ্চিত্ৰক ১৯৬০ চনত আৰম্ভ হোৱা ভাৰতীয় নৱ ঢৌৰ এক অগ্ৰদূত বুলিও কোৱা হয়। প্ৰথমে বঙালী চলচ্চিত্ৰৰে আৰম্ভ হোৱা এই ধাৰা পাছলৈ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগ আৰু বাংলাদেশী চলচ্চিত্ৰ উদ্যোগলৈ বিয়পি পৰিছিল। সত্যজিৎ ৰায়, মৃণাল সেন,ঋত্বিক ঘটক, তপন সিংহা আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰনিৰ্মাতাই এই সমান্তৰাল চলচ্চিত্ৰসমূহৰ গুৰি ধৰিছিল। অতি গুৰুতৰ বিষয়বস্তু, বাস্তৱবাদ তথা স্বাভাৱিকতা আৰু কোনো এটা সময়ৰ আৰ্থসামাজিক, ৰাজনৈতিক পৰিৱৰ্তনৰ ওপৰত চকু দি প্ৰতীকি উপাদানেৰে এই চলচ্চিত্ৰসমূহ নিৰ্মাণ কৰা হয়। তিৰ ভাৰতীয় চলচ্চিত্ৰত প্ৰচলিত নৃত্য-গীতৰ ধাৰণাটোও এই সমান্তৰাল চলচ্চিত্ৰসমূহত উলাই কৰা হয়। ইতিহাস মূল ভাৰতীয় চলচ্চিত্ৰত বাস্তৱবাদৰ ধাৰণাটোৰ আৰম্ভণি হৈছিল মূলতঃ ১৯২০ আৰু ১৯৩০ ৰ দশকত। বাবুৰাও পেইণ্টাৰৰ ১৯২৫ চনৰ নিৰ্বাক ছবি এই ধাৰণাৰ এক উদাহৰণ। ছবিখনত এজন দৰিদ্ৰ কৃষকে এজন লুভীয়া জমিদাৰৰ হাতত নিজৰ মাটি হেৰুৱাই চহৰলৈ কাম বিচাৰি যোৱাৰ ঘটনা দেখুওৱা হয়। বাস্তৱবাদী ধাৰণাৰ সাফল্য হিচাপে চিহ্নিত হোৱা, এটা জুপুৰিৰ কাষত এটা বলীয়া কুকুৰৰ শ্বটটোক ভাৰতীয় চলচ্চিত্ৰৰ মাইলৰ টি হিচাপে ধৰা হয়। ১৯৩৭ চনৰ ৰ দুনীয়া না মানে নামৰ চলচ্চিত্ৰখনতো ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীৰ প্ৰতি হোৱা ব্যৱহাৰৰ সমালোচনা কৰিছিল। আৰম্ভণিৰ সময় চল্লিছ দশকৰ শেষ ভাগৰ পৰা ১৯৬৫ চনলৈকে সমান্তৰাল চলচ্চিত্ৰ বিপ্লৱটোৱে এক আকাৰ পাইছিল। সত্যজিৎ ৰায়, মৃণাল সেন, ঋত্বিক ঘটক, তপন সিংহা, খাৱাজা আহমেড আৱাজ, বুদ্ধদেৱ দাসগুপ্ত, চেতন আনন্দ, গুৰু দত্ত, ভি. চন্তৰামৰ নিচিনা চলচ্চিত্ৰনিৰ্মাতাসকলে ইয়াত আগভাগ লৈছিল। এই সময়চোৱাক ভাৰতীয় চলচ্চিত্ৰৰ "সোণালী সময়" বুলি কোৱা হয়। এই চলচ্চিত্ৰসমূহৰ বিষয়বস্তু মূলতঃ সেই সময়ৰ ভাৰতীয় সাহিত্যৰ পৰা তুলি অনা হৈছিল। সেয়ে এই চলচ্চিত্ৰসমূহত সেই সময়ৰ ভাৰতীয় সমাজব্যৱস্থাৰ প্ৰভাৱ পৰিলক্ষিত হয়। গৱেষক আৰু ইতিহাসবিদসকলে ভাৰতীয় জনসংখ্যাৰ আৰ্থসামাজিক আৰু ৰাজনৈতিক পট পৰিৱৰ্তন তথা পৰিৱৰ্তিত ভাৰতীয় জনগণৰ চিত্ৰ অধ্যয়ন কৰিবলৈ এই চলচ্চিত্ৰসমূহ ব্যৱহাৰ কৰা দেখা যায়। জন্মলগ্নৰে পৰা ভাৰতীয় চলচ্চিত্ৰ জগতৰ কিছু কিছু লোকে এই মাধ্যমটোক মনোৰঞ্জনৰ উপৰিও আন কিছুমান ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ বিচাৰিছিল। ভাৰতীয় সমাজব্যৱস্থাত প্ৰচলিত ধ্যান-ধাৰণা কিছুমানক নতুনকৈ দেখুৱাই দিয়াৰ উপৰিও জনসাধাৰণৰ মাজলৈ নতুন কিছুমান ধাৰণা প্ৰেৰণ কৰিবলৈও এই চলচ্চিত্ৰনিৰ্মাতাসকল সক্ষম হৈছিল। ইয়াৰে আৰম্ভণিকালৰ উদাহৰণ আছিল বিমল ৰয়ৰ হিন্দী বোলছবি "দ' বিঘা জমিন। ছবিখনে সমালোচকৰ প্ৰশংসাৰ লগতে ব্যৱসায়িক সফলতা লাভ কৰে আৰু ১৯৫৪ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰে। ছবিখনৰ সফলতাই আন আন বোলছবি নিৰ্মাতাকো এই ধাৰাৰ প্ৰতি আকৰ্ষিত কৰে। চেতন আনন্দৰ ১৯৪৭ চনৰ ছবি নীচা নগৰো ইয়াৰ এক অন্যতম উদাহৰণ। এই ছবিখনে প্ৰথম ছ চলচ্চিত্ৰ মহোৎসৱত গ্ৰেণ্ড প্ৰাইজ টা পাবলৈ সক্ষম হৈছিল। ইয়াৰ পাছৰে পৰা ভাৰতীয় ছবিয়ে নিয়মীয়াকৈ ১৯৫০ৰ দশক আৰু ১৯৬০ৰ দশকৰ আগভাগলৈ প্ৰায় প্ৰতি বছৰে কেনচ চলচ্চিত্ৰ মহোৎসৱত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু ইয়াৰ বহু সংখ্যকে মহোৎসৱত গুৰুত্বপূৰ্ণ বঁটা পাবলৈ সক্ষম হৈছিল। ১৯৫০ ৰ পৰা ১৯৬০ দশকৰ সময়ছোৱাত বহুতো বৌদ্ধিক-অধ্যয়নপুষ্ট চলচ্চিত্ৰনিৰ্মাতাই সাংগীতিক চলচ্চিত্ৰসমূহৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰে আৰু তেওঁলোকে ইয়াক প্ৰতিৰোধ কৰিবলৈ একপ্ৰকাৰৰ নতুন ধাৰাৰ সৃষ্টি কৰে। এই ধাৰাত কলাত্মক দিশেৰে বাস্তৱক দেখুওৱা হৈছিল আৰু এই চলচ্চিত্ৰসমূহৰ বহু সংখ্যকেই ৰাজ্যিক চৰকাৰৰ অনুদানত নিৰ্মাণ কৰা হৈছিল। এইক্ষেত্ৰত সত্যজিৎ ৰায়ে অগ্ৰণী ভূমিকা পালন কৰে। সত্যজিৎ ৰায়ে তেখেতৰ তিনিখনীয়া অপু শৃংখলাৰ (১৯৫৫-১৯৫৯) প্ৰথমখন ছবি পথেৰ পাঁচালী (১৯৫৫) ৰ যোগে ভাৰতীয় চলচ্চিত্ৰ জগতত নিজৰ উপস্থিতি ঘোষণা কৰে। এই অপু শৃংখলাই সকলো আন্তৰ্জাতিক ফিল্ম মহোৎসৱতে পুৰস্কাৰ অৰ্জন কৰে আৰু তাৰ লগে লগেই ভাৰতীয় চলচ্চিত্ৰত সমান্তৰাল ধাৰাটো সুপ্ৰতিষ্ঠিত হৈ পৰে। কিছুমান কলাত্মক চলচ্চিত্ৰই ব্যৱসায়িকভাৱেও সফলতা লাভ কৰিছিল। যিটো চলচ্চিত্ৰ উদ্যোগত অতিবাস্তৱবাদ বা কাল্পনিকতাৰ পয়োভৰ বেছি আছিল, তেনে উদ্যোগত কলাত্মক চলচ্চিত্ৰসমূহৰ সফলতা মন কৰিবলগীয়া। বিমল ৰয়ৰ "দো বিঘা জমিন" ইয়াৰ অন্যতম উদাহৰণ। ভাৰতৰ আন এজন সফল চলচ্চিত্ৰনিৰ্মাতা হৃষিকেশ মুখাৰ্জীক মধ্য-চলচ্চিত্ৰৰ অগ্ৰদূত বুলি কোৱা হয়। তেওঁৰ চলচ্চিত্ৰসমূহত ভাৰতীয় মধ্যবিত্ত শ্ৰেণীৰ ধ্যান-ধাৰণাসমূহৰ স্পষ্ট প্ৰতিফলন দেখিবলৈ পোৱা যায়। ভাৰতৰ আন এজন কলাত্মক ছবিনিৰ্মাতা গুৰু দত্তৰ চলচ্চিত্ৰসমূহো বাণিজ্যিকভাৱে সফল হোৱা দেখা যায়। ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত গুৰু দত্তৰ ছবি প্যাছা টাইম মেগাজিনৰ 100 মোৱিএস ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিকাশ ১৯৭০ ৰ পৰা ১৯৮০ দশকৰ সময়ছোৱাত সমান্তৰাল চলচ্চিত্ৰই হিন্দী চলচ্চিত্ৰজগতখনত বহলভাৱে বিয়পি পৰিছিল। গুলজাৰ, শ্যাম বেনেগাল, মনি কৌল, ৰাজিন্দৰ সিং বেদী, কন্তিলাল ৰাথোড় আৰু চৈয়দ আখটাৰ মিৰ্জাৰ নিচিনা পৰিচালকসকলে এই ক্ষেত্ৰত বিশেষ নেতৃত্ব লৈছিল। মনি কৌলৰ চিনেমা (১৯৭১), (১৯৭২), (১৯৭৪) সেইসময়ত ব্যপকভাৱে প্ৰশংসিত হৈছিল আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়টো নাম বুটলিবলৈ সক্ষম হৈছিল। ঋত্বিক ঘটকৰ এজন ছাত্ৰ কুমাৰ ছাহানীৰ "মায়া দৰ্পন" (১৯৭২) নামৰ চলচ্চিত্ৰখন ভাৰতীয় কলা ছবিৰ এক উল্লেখযোগ্য নাম। এই সময়ৰ এই সমান্তৰাল চলচ্চিত্ৰসমূহে শাবানা আজমী, স্মিতা পাটিল, আমুল পালেকাৰ, ঔম পুৰী, নাছিৰুদ্দিন শ্বাহ, কুলভূষণ খাৰবান্দা, পংকজ কাপুৰ, দীপ্তি নাৱাল, ফাৰুক শ্বেইখৰ নিচিনা অভিনেতা সকলৰ উত্থানত সহায় কৰিছিল। হেমা মালিনী, ৰাখী, ৰেখাৰ নিচিনা বাণিজ্যিক ছবিৰ অভিনেতা-অভিনেত্ৰীসকলো এই কলা ছবিসমূহত অভিনয় কৰিবলৈ আকৰ্ষিত হৈছিল। আদুৰ গোপালকৃষ্ণই ভাৰতীয় চিনেমাৰ এই নতুন ধাৰাটো ১৯৭২ চনত মুক্তিপ্ৰাপ্ত নামৰ চলচ্চিত্ৰৰ জৰিয়তে মালয়ালম চিনেমালৈও বিয়পাই দিছিল। ভাৰতীয় চলচ্চিত্ৰৰ "সোণালী যুগ"ৰ বহুদিনৰ মূৰত মালয়ালম চিনেমাই ১৯৮০ আৰু ১৯৯০ ৰ দশকত "সোণালী যুগ"ৰ অভিজ্ঞতা অনুভৱ কৰিছিল। সেইসময়ৰ প্ৰায়খিনি ভাৰতীয় চিত্ৰনিৰ্মাতাই আছিল মালয়ালম চিনেমা উদ্যোগৰ পৰা অহা। সেইসকলৰ ভিতৰত আদুৰ গোপালকৃষ্ণন, কে. পি. কুমাৰন, জি অৰবিন্দন, জন আব্ৰাহাম, পদ্মৰাজন, ভাৰথান, টি. বি. চন্দ্ৰন আৰু ছাজি এন. কৰণ উল্লেখযোগ্য। এইসকলৰ প্ৰত্যেকেই সত্যজিৎ ৰায়ৰ অনুগামী আছিল। ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমা উদ্যোগত এই চিনেমাৰ ধাৰাটো আগবঢ়াই লৈ গৈছিল। আনহাতে আৰিবাম শ্যাম শৰ্মাই মণিপুৰত সমান্তৰাল চিনেমা নিৰ্মাণত অগ্ৰণী ভূমিকা লৈছিল। তথ্যসূত্ৰ ভাৰতৰ
92154
https://as.wikipedia.org/wiki/%E0%A6%8F%E0%A6%A3%E0%A7%8D%E0%A6%9F%E0%A6%A8%20%E0%A6%9A%E0%A7%87%E0%A6%95%E0%A6%AD
এণ্টন চেকভ
এণ্টন পাভলোভিচ চেকভ ২৯ জানুৱাৰী, ১৮৬০ ১৫ জুলাই, ১৯০৪) এজন ৰাছিয়ান নাট্যকাৰ আৰু চুটিগল্পকাৰ আছিল। তেওঁক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ লেখক হিচাপে গণ্য কৰা হয়। নাট্যকাৰ হিচাপে তেওঁ চাৰিখন ধ্ৰুপদী গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ চুটিগল্পসমূহ লেখক আৰু সমালোচকসকলৰ দ্বাৰা সমাদৃত। হেনৰিক ইবচেন আৰু আগষ্ট ষ্ট্ৰিণ্ডবাৰ্গৰ সৈতে চেকভক প্ৰায়ে থিয়েটাৰত আৰম্ভণিৰ আধুনিকতাবাদৰ জন্মৰ তিনিজন গুৰুত্বপূৰ্ণ ব্যক্তিত্বৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। চেকভ পেছাত এগৰাকী চিকিৎসক আছিল। তেওঁ এবাৰ কৈছিল, "চিকিৎসা মোৰ বৈধ পত্নী", "আৰু সাহিত্য মোৰ ৰক্ষিতা।" ১৮৯৬ চনত দ্য ছিগালৰ অভিযোজনৰ পিছত চেকভে থিয়েটাৰ ত্যাগ কৰে। ১৮৯৮ চনত কনষ্টেণ্টিন ষ্টেনিছলাভস্কিৰ মস্কো আৰ্ট থিয়েটাৰে নাটকখৰ পুনৰ্কথন কৰি প্ৰশংসা লাভ কৰে। পিছত উক্ত থিয়েটাৰখনে চেকভৰ আংকল ভানিয়াও প্ৰযোজনা কৰাৰ লগতে তেওঁৰ অন্তিম দুখন নাটক থ্ৰী চিষ্টাৰছ আৰু দ্য চেৰী অৰচাৰ্ডৰ প্ৰিমিয়াৰ সম্পন্ন কৰে। এই চাৰিখন নাটকে অভিনয় দলৰ লগতে দৰ্শকৰ বাবেও এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। চেকভৰ নাটকসমূহ জটিল নাছিল আৰু দৰ্শকৰ বাবে এইসমূহে কিছু পৰিমাণে ভৌতিক পৰিৱেশৰ সৃষ্টি কৰিছিল। চেকভে প্ৰথমে ধন উপাৰ্জনৰ বাবে গল্প লিখিছিল যদিও তেওঁৰ কলাত্মক উচ্চাকাংক্ষা বাঢ়ি অহাৰ লগে লগে তেওঁ নতুনত্বৰ সৃষ্টি কৰিছিল। ইয়াৰ দ্বাৰা তেওঁ আধুনিক চুটিগল্পৰ বিৱৰ্তনক প্ৰভাৱিত কৰিছিল। ইয়াৰ ফলত সৃষ্টি হোৱা পাঠকসকলৰ অসুবিধাৰ বাবে তেওঁ কোনো ক্ষমা বিচৰা নাছিল, তেওঁ কৈছিল যে এজন শিল্পীৰ ভূমিকা প্ৰশ্ন কৰাহে, তাৰ উত্তৰ দিয়া নহয়। জীৱনী শৈশৱ ১৮৬০ চনৰ ২৯ জানুৱাৰীত এটা ৰাছিয়ান পৰিয়ালত এণ্টন চেকভৰ জন্ম হয়। জীৱিত ছয় সন্তানৰ ভিতৰত তেওঁ আছিল তৃতীয় সন্তান। তেওঁৰ পিতৃ পাভেল য়েগোৰভিচ চেকভ এজন প্ৰাক্তন বন্ধকী দাসৰ পুত্ৰ আৰু পেৰিছ কয়েৰৰ (সংগীত) পৰিচালক আছিল। এজন অৰ্থডক্স খ্ৰীষ্টান আৰু শাৰীৰিকভাৱে নিৰ্যাতনকাৰী পিতৃ হিচাপে পাভেল চেকভক কিছুসংখ্যক ইতিহাসবিদে তেওঁৰ পুত্ৰই ৰচনা কৰা ভণ্ডামিৰ বহুতো প্ৰতিকৃতিৰ আৰ্হি হিচাপে গণ্য কৰে। চেকভৰ মাতৃ য়েভগেনিয়া (মৰোজোভা) আছিল এগৰাকী গল্পকাৰ। তেওঁ কাপোৰৰ ব্যৱসায়ী পিতৃৰ সৈতে সমগ্ৰ ৰাছিয়া ভ্ৰমণৰ কাহিনীৰে শিশুসকলক মনোৰঞ্জন দিছিল। চেকভে এই কথা সুঁৱৰিছিল, "আমাৰ প্ৰতিভা আমি আমাৰ পিতৃৰ পৰা পাইছিলোঁ, কিন্তু আমাৰ আত্মা আমাৰ মাৰ পৰা।" চেকভে টাগানৰোগৰ গ্ৰীক স্কুল আৰু টাগানৰোগ জিমনেছিয়ামত অধ্যয়ন কৰিছিল। টাগানৰোগৰ গ্ৰীক অৰ্থডক্স মঠ আৰু পিতৃৰ কয়েৰত তেওঁ গান গাইছিল। ১৮৯২ চনৰ এখন চিঠিত তেওঁ নিজৰ শৈশৱক বৰ্ণনা কৰিবলৈ "যন্ত্ৰণা" শব্দটো ব্যৱহাৰ কৰিছিল আৰু মনত পেলাইছিল: ১৮৭৬ চনত মিৰ’নভ নামৰ এজন ঠিকাদাৰে প্ৰতাৰণা কৰি নতুন ঘৰ নিৰ্মাণৰ বিত্তীয় সাহায্যৰ পৰিমাণ অতিমাত্ৰা বৃদ্ধি কৰাৰ পিছত চেকভৰ পিতৃক দেউলীয়া ঘোষণা কৰা হয়। কাৰাগাৰৰ পৰা হাত সাৰিবলৈ তেওঁ মস্কোলৈ পলায়ন কৰে। তাতে তেওঁৰ দুজন পুত্ৰ আলেকজেণ্ডাৰ আৰু নিকোলায়ে বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল। পৰিয়ালটোৱে মস্কোত দৰিদ্ৰতাত জীৱন কটাবলগীয়া হয়। ইয়াৰ ফলত চেকভৰ মাতৃ শাৰীৰিক আৰু আৱেগিকভাৱে ভাঙি পৰে। পৰিয়ালটোৰ সা-সম্পত্তি বিক্ৰী কৰি পঢ়া-শুনা শেষ কৰিবলৈ চেকভক ৰৈ গ’ল। তেওঁ আৰু তিনি বছৰ টাগানৰোগত থাকে। চেলিভানভ নামৰ এজন ব্যক্তিয়ে পৰিয়ালটোক তেওঁলোকৰ ঘৰৰ দামৰ বিনিময়ত জামিনত মুকলি কৰি দিয়ে। চেকভে নিজৰ শিক্ষাৰ খৰচ নিজেই বহন কৰিবলগীয়া হৈছিল। তেওঁ ব্যক্তিগত টিউচন, চৰাই ধৰি বিক্ৰী কৰি, আৰু অন্যান্য কামৰ লগতে বাতৰি কাকতৰ বাবে স্কেচ বিক্ৰী কৰি যোগাৰ কৰিছিল। মস্কোত থকা পৰিয়ালটোলৈ তেওঁ বাকী থকা প্ৰতিটো ৰুবল প্ৰেৰণ কৰিছিল। এই সময়ছোৱাত তেওঁ চাৰ্ভান্টেছ, টুৰ্গেনিভ, গনচাৰভ আৰু শ্ব'পেনহাৱাৰৰ ৰচনাসমূহ বহুলভাৱে আৰু বিশ্লেষণাত্মকভাৱে পঢ়িছিল। সেই সময়ত তেওঁ এখন পূৰ্ণদৈৰ্ঘ্যৰ হাস্য-ৰসাত্মক নাটক ফাদাৰলেছ লিখিছিল। ১৮৭৯ চনত চেকভে স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি মস্কোত নিজ পৰিয়ালৰ সৈতে যোগদান কৰে আৰু আই এম চেচেনভ ফাৰ্ষ্ট মস্কো ষ্টেট মেডিকেল ইউনিভাৰ্চিটিত চিকিৎসা শাস্ত্ৰত নামভৰ্তি কৰে। শৈলী চেকভৰ নাটকৰ প্ৰশংসা কৰা প্ৰথম অ-ৰাছিয়ানসকলৰ ভিতৰত এজন আছিল জৰ্জ বাৰ্নাৰ্ড শ্ব'। চেকভৰ দ্বাৰা প্ৰভাৱিত আন এজন লেখক আৰ্নেষ্ট হেমিংৱেই কৈছিল: "চেখভে প্ৰায় ছটা ভাল গল্প লিখিছিল। কিন্তু তেওঁ আছিল এজন অপেছাদাৰী লেখক।" ভ্লাদিমিৰ নাবোকভে চেকভৰ ৰচনাক "ভয়ংকৰ গদ্য, পূৰ্বনিৰ্ধাৰিত উপনাম, পুনৰাবৃত্তিৰ মিশ্ৰণ" বুলি সমালোচনা কৰিছিল। কিন্তু তেওঁ লগতে ইয়াকো কৈছিল যে "তথাপিও এয়া তেওঁৰেই ৰচনা যাক মই আন এটা গ্ৰহৰ ভ্ৰমণলৈ লৈ যাম।" তেওঁ 'দ্য লেডী উইথ দ্য ডগ'ক "এতিয়ালৈকে লিখা আটাইতকৈ ডাঙৰ কাহিনীসমূহৰ ভিতৰত অন্যতম" বুলি অভিহিত কৰিছিল। চেকভৰ ৰচনাসমূহ পৰ্দাৰ দৰ্শনীৰ বাবে অভিযোজিত কৰা হৈছে। ইয়াৰ ভিতৰত চিডনী লুমেটৰ ছি গাল আৰু লুই মালেৰ ভানিয়া অন ৪২ নং ষ্ট্ৰীট অন্যতম। লৰেন্স অলিভিয়াৰে ১৯৭০ চনত থ্ৰী চিষ্টাৰছৰ চলচ্চিত্ৰ অভিযোজন কৰে। ২০১৪ চনৰ নাট্যধৰ্মী ছবি ষ্টিল এলিছত থ্ৰী চিষ্টাৰছৰ মঞ্চ প্ৰযোজনাৰ এটা অংশ দেখা যায়। ২০২২ চনৰ বিদেশী ভাষাৰ অস্কাৰ বিজয়ী ড্ৰাইভ মাই কাৰ, আংকল ভানিয়াৰ প্ৰযোজনাৰ ওপৰত কেন্দ্ৰিত। চেকভৰ কেইবাটাও চুটিগল্প ১৯৮৬ চনৰ ভাৰতীয় দূৰদৰ্শন ধাৰাবাহিক কথা সাগৰৰী একো একোটা খণ্ড হিচাপে অভিযোজিত কৰা হৈছিল। চেকভ কি দুনিয়া নামৰ আন এখন ভাৰতীয় দূৰদৰ্শন ধাৰাবাহিক নব্বৈৰ দশকত ডি ডি নেচনেলত প্ৰচাৰিত হৈছিল। নুৰি বিলগে চিলানৰ ৱিণ্টাৰ স্লিপ নামৰ কথাছবিখন চেকভৰ চুটিগল্প 'দ্য ৱাইফ'ৰ পৰা অভিযোজিত কৰা হৈছে। টোকা উদ্ধৃতিসমূহ ৰাছিয়াৰ ব্যক্তি মৃত ব্যক্তি
61935
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%AE%E0%A6%A3%E0%A6%BF
প্ৰিয়ামণি
প্ৰিয়া বাসুদেব মণি আয়াৰ জন্ম ৪ জুন ১৯৮৪) প্ৰিয়ামণি হিচাবে পৰিচিত ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী গৰাকী প্ৰাক্তন মডেল, তেওঁ তেলুগু, কন্নড়, তামিল, মালায়ালাম আৰু হিন্দী ভাষাৰ ছবিত কাম কৰিছে। তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ জাতীয় চলচ্চিত্ৰ বঁটাৰ লগতে বিভিন্ন ভাষাৰ চলচ্চিত্ৰৰ তিনিটা ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। বেঙ্গালুৰুত জন্ম আৰু ডাঙৰ হোৱা প্ৰিয়ামণিয়ে চলচ্চিত্ৰত কেৰিয়াৰৰ গঠন কাৰাৰ আগতে মডেল হিচাবে কাম কৰিছিল। ২০০২ চনত, তেওঁ বক্স অফিচত ফ্লপ হোৱা তেলুগু ছবি 'এভেৰ আটাগাডু' (২০০৩) -ত প্ৰধান চৰিত্ৰত অভিনয় কৰি আত্মপ্ৰকাশ কৰিছিল। ২০০৭ চনত তামিল ৰোমাণ্টিক নাটক 'পাৰুথিভেৰান'ত তেওঁ গাঁৱলীয়া বালিকা মুথাজাগীৰ চৰিত্ৰত অভিনয়ৰ কৰাৰ বাবে ব্যাপক পৰিচিত অৰ্জন কৰিছিল, সেই অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ জাতীয় চলচ্চিত্ৰ বঁটা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। সেই বৰ্ষতে তেওঁ এছ এছ ৰাজামৌলীৰ দ্বাৰা পৰিচালিত আৰ্থ-কল্পনা চলচ্চিত্ৰ 'ইয়ামডোঙ্গা'ৰ জৰিয়তে তেলুগু চলচ্চিত্ৰত বাণিজ্যিকভাৱে সাফল্য অৰ্জন কৰিছিল। ২০০৮ চনত, প্ৰিয়ামণি মালায়ালাম ৰোমাঞ্চ 'থিৰাক্কাথা'ত মালবিকা চৰিত্ৰত অভিনয়ৰ বাবে আৰু সমালোচিত প্ৰশংসা পাইছিল আৰু শ্ৰেষ্ঠ অভিনেত্ৰী মালায়ালামৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। পিছৰ বছৰত কন্নড় ছবিত তেওঁ প্ৰথম অভিনয়ত আহিছিল ৰোমাণ্টিক কমেডী ৰামৰ সৈতে, যি এটি ডাঙৰ সমালোচনা আৰু বাণিজ্যিকভাৱে সাফল্য ছবি হিচাবে প্ৰমাণিত হৈছিল। প্ৰিয়মণি মণি ৰত্নমৰ দ্বিভাষিকৰ জৰিয়তে যথাক্ৰমে ৰাৱণ আৰু ৰাৱণন শিৰোনামৰ তামিল আৰু হিন্দী মহাকাব্য চলচ্চিত্ৰৰ জৰিয়তে তেওঁ হিন্দী চলচ্চিত্ৰৰ সূচনা কৰিছিল। ২০১২ চনত, 'থাই ফিল্ম এলন'ৰ ওপৰত ভিত্তি কৰি বহুভাষিক ছবি 'চাৰুলথা'ত তেওঁ সমালোচনা প্ৰশংসা আৰু ফিল্মফেয়াৰত তৃতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা অৰ্জন কৰিছিল। তেওঁ কন্নড়/তেলুগু থ্ৰিলাৰ ফিল্ম আইডল ৰামায়ণ (২০১৬)/মন ওৰি ৰামায়ণাম (২০১৬) ৰ ভূমিকাত আৰু সাফল্য অৰ্জন কৰিছিল, য’ত তেওঁক ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ সহায়ক অভিনেত্ৰীলৈ মনোনীত কৰিছিল। বৰ্তমান তেওঁ দক্ষিণ ভাৰতীয় টেলিভিচনৰ অনুষ্ঠানগত সক্ৰিয়, তেওঁ কিছুমান নৃত্যৰ ৰিয়েলিটি শ্ব’টো বিচাৰক হিচাপে কাম কৰিছিল। ২০১৯ চনৰ চেপ্তেম্বৰত প্ৰচাৰিত এমাজন চিৰিজত ‘দ্য ফেমেলি মেন’ৰ ভূমিকাত তেওঁ প্ৰশংসা পাইছিল। প্ৰাৰম্ভিক জীৱন প্ৰিয়ামণি কৰ্ণাটকৰ বেঙ্গালুৰুত জন্মগ্ৰহণ কৰিছিল। তেওঁ স্কুলীয়া জীৱনত কাঞ্চিপুৰম চিল্ক, ইৰোড চিল্ক আৰু লক্ষ্মী চিল্কত মডেল কৰিছিল। তেওঁ যেতিয়া দ্বাদশ শ্ৰেণীত পঢ়ে, তামিল পৰিচালক ভাৰতীৰাজে তেওঁক চলচ্চিত্ৰ জগতৰ সৈতে পৰিচয় কৰি দিয়ে। তেওঁৰ পিতৃ বাসুদেব মণি, যি তামিল পৰিবাৰৰ পলক্কাদৰ বাসিন্দা আৰু এটি বৃক্ষৰোপণৰ ব্যৱসায়ৰ মালিক আৰু তেওঁৰ মাতৃ, জাতীয় স্তৰৰ বেডমিণ্টন খেলৈ, লতামণি, যি তিৰুৱনন্তপুৰমৰ বাসিন্দা, ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ বেংক মেনেজাৰ আছিল। তেওঁৰ ডাঙৰ ভাই বিশাষ, যিয়ে তেওঁৰ পিতৃৰ সৈতে বাগানৰ ব্যৱসায়ত থাকে। স্কুলত থকা সময়ত, তেওঁ বহিঃৰাগৰ কাৰ্যকলাপত আৰু খেলা-ধুলাত সক্ৰিয়ভাৱে অংশ লৈছিল। তেওঁ কৰ্ণাটীক কণ্ঠশিল্পী কমলা কৈলাসৰ নাতিনী। তেওঁ অভিনেত্ৰী বিদ্যা বালানৰ আৰু নেপথ্য গায়ক মালগুড়ি শুভাৰ তেওঁ স্কুলীয়া শিক্ষা শেষ কৰি, প্ৰিণ্ট বিজ্ঞাপনসমূহৰ বাবে মডেলিং কৰিছিল। প্ৰিয়ামণিয়ে মনোবিজ্ঞানত বিএ ডিগ্ৰী লয়। কৰ্মৰাজি প্ৰাৰম্ভিক কৰ্মৰাজি প্ৰিয়ামণিৰ তেলুগু চলচ্চিত্ৰ 'এভেৰ আটাগাডু' দ্বাৰা আত্মপ্ৰকাশ কৰে। তাৰপিছত তেওঁ 'সত্যম' মালায়ালাম ফিল্ম ইণ্ডাষ্ট্ৰিত আত্মপ্ৰকাশ কৰিছিল, কিন্তু এই ছবিখন বক্স অফিচত সফলতা লাভ কৰিবলৈ সক্ষম নহয়। ২০০৫ চনত নাটক 'অধু ওৰু কানা কালাম' অভিনয়ৰ জৰিয়তে তেওঁ তামিল চলচ্চিত্ৰ পৰিচালক ও চিনেমাটোগ্ৰাফাৰ বালু মহেন্দ্ৰ দ্বাৰা স্বাক্ষৰিত হয়। মুক্তিৰ আগত, ববিথে কৈছিল যে, “প্ৰিয়ামণিয়ে চিনেমাখনত এটি দুৰ্দান্ত অভিনয় কৰিছে। তেওঁৰ অভিনয় প্ৰশংসিত হ’ব।” 'অধু ওৰু কানা কালাম' সমালোচকসকলোৰ দ্বাৰা প্ৰশংসিত হ’লেও ছবিখন বক্স অফিচত ব্যৰ্থ হৈছিল, কিন্তু তেওঁ ছবিত অভিনয় কৰাৰ বাবে প্ৰশংসা অৰ্জন কৰিছিল। ২০০৬ চনত, প্ৰিয়ামণিয়ে তেলুগু ছবি 'পেল্লাইনা কোঠালো'ত অভিনয় কৰিছিল। এই ছবিখন জনপ্ৰিয় হৈছিল আৰু তেওঁ তিনখন তেলুগু ছবিত সুযোগ পাইছিল। ২০০৭-বৰ্তমানলৈ আমিৰ চুলতান পৰিচালিত ২০০৭ চনৰ 'পাৰুথিউৰেন'ত যেতিয়া তেওঁ অভিনেতা কাৰ্তি শিৱকুমাৰৰ সৈতে অভিনয় কৰিছিল তেতিয়া প্ৰিয়ামাণিয়ে তেওঁৰ অভিনয়ৰ শংসাপত্ৰ আৰু বাণিজ্যিক আবেদন প্ৰমাণ কৰিব পাৰিছিল। মাদুৰাইয়ৰ এটি গাঁৱলীয়া বিষয় এক কুখ্যাত তৰুণ গাঁৱবাসীৰ গল্প বুলিছিল, ছবিখন সমালোচকসকলোৰ পৰা প্ৰশংসা অৰ্জন কৰিছিল আৰু বক্স অভিচৰ ব্লকবাষ্টাৰত অবাক কৰি দিছিল। প্ৰিয়মণিৰ অভিনয় সমালোচকসকলোৰ দ্বাৰা সৰ্বসন্মতভাৱে প্ৰশংসিত হৈছিল। তেওঁ 'জাতীয় চলচ্চিত্ৰ বঁটা' পাইছিল, ইয়াৰ পিছত 'দক্ষিণ ফিল্মফেয়াৰ বঁটা', 'তামিলনাডু ৰাজ্য ফিল্ম বঁটা' আৰু এটা 'ওচিয়ান চিনেফেন ফেশ্বটিভেল অফ এছিয়ান এণ্ড আৰব চিনেমা' বঁটা লাভ কৰিছিল। ২০০৭ চনত তেলুগু ছবি 'ইয়ামডোঙ্গা' আৰু 'মালাইকোটাই' তামিল ছবিত তেওঁ আৰু বাণিজ্যিকভাৱে সফলতা লাভ কৰে। ২০০৮ চনত তেওঁ মালয়ালম ছবি 'তিৰক্কাথা'ত তেওঁ অভিনয়ৰ বাবে আকৌ সমালোচকসকলোৰ পৰা প্ৰশংসা লাভ কৰে, য’ত তেওঁ প্ৰয়াত চিত্ৰনায়িকা শ্ৰীবিদ্যাৰ অশান্ত জীৱনৰ বাস্তৱ জীৱনৰ গল্প অৱলম্বন কৰি ৰচা এটি চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ তেওঁৰ অভিনয়ৰ বাবে পুনৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। তামিল ভাষাত, ২০০৮ চনত তেওঁৰ একক প্ৰকাশ হৈছিল থোটা। ২০০৯ চনত তেওঁৰ দুখন তামিল ছবি মুক্তি পায়, 'মসলা ফিল্ম আৰুমুগাম' আৰু মালয়ালম ব্লকবাষ্টাৰ ছবি 'ৰ পুননিৰ্মাণ ছবি, 'নিনৈথালে ইনিক্কুম' শিৰোনামেৰে। পূৰ্বতে ব্যৱসায়িক ব্যৰ্থতা আছিল: তেওঁৰ কন্নাড় ভাষাৰ আত্মপ্ৰকাশৰ চলচ্চিত্ৰ ৰাম বাণিজ্যিকভাৱে সাফল্য অৰ্জন কৰিছিল। সেই বৰ্ষতে তেওঁৰ তিনিখন তেলুগু ছবি মুক্তি পাইছিল, অৱশ্যে, (দ্ৰোণ, মিত্ৰুডু, প্ৰভাৰখ্যুডু) বক্স অফিচত ইমান সফল নহ’ল। ২০১০ চনত তেওঁ ব্যঙ্গাত্মক চলচ্চিত্ৰ 'প্ৰানচিয়েতান এণ্ড দ্যা চেণ্ট'ত অভিনয় কৰিছিল যি ২০০৫ চনৰ পিছৰ দীৰ্ঘকালীন চলন্ত মালয়ালম ছবিত পৰিণত হৈছিল। ছবিত মুম্বাই-ভিত্তিক ইণ্টিৰিয়ৰ ডেকৰেটাৰৰ চৰিত্ৰত অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰলৈ মনোনীত হৈছিল। পৰৱৰ্তীকালত পৰিচালক মণি ৰত্নমৰ দ্বিভাষিক চলচ্চিত্ৰৰ বাবে যথাক্ৰমে তামিল আৰু হিন্দীত ৰাৱণান আৰু ৰাৱণৰ বাবে চুক্তিবদ্ধ হয়। ইয়াৰ পিছত, 'পাৰ্থিভেৰান'ত তেওঁ জাতীয় পুৰস্কাৰ-বিজয়ী অভিনয় দেখি বলিউডৰ পৰিচালক-প্ৰযোজক ৰাম গোপাল বৰ্মাৰ ত্ৰিভাষিক ছবি 'ৰক্ত চৰিত্ৰ'ৰ বাবে তেওঁক অভিনেত্ৰী হিচাপে লোৱাৰ সিদ্ধান্ত লয়। তেওঁৰ কন্নড় চলচ্চিত্ৰ বিষ্ণুবৰ্ধন ব্লকবাষ্টাৰ হিট হয়। আৰু পিছত তেওঁ 'অন্না বণ্ড'ত অভিনয় কৰিছিল, যদিও চলচ্চিত্ৰখন সমালোচকসকলোৰ দ্বাৰা বেয়া বুলি গ্ৰহণ কৰা হৈছিল আৰু ৰেডিফৰ “মোষ্ট হতাশাৰ কন্নড় অফ ২০১২” তালিকাত স্থান পায়, ই বক্স অফিচত এটি সফল উদ্যোগত পৰিণত হৈছিল। তেওঁ বলিউড ছবি 'চেন্নাই এক্সপ্ৰেচ'ত এটি আইটেম নম্বৰত হাজিৰ হৈছিল। তেওঁ এটি মালয়ালম চলচ্চিত্ৰ, 'ট্ৰু ষ্ট’ৰি' আৰু তেলুগু চলচ্চিত্ৰ 'চণ্ডিৰ শ্বুটিং' শেষ কৰিছিল, য’ত তেওঁ এগৰাকী মুক্তিযোদ্ধাৰ নাতিনী গঙ্গাৰ চৰিত্ৰত অভিনয় কৰিছিল, যি তেওঁৰ পৰিবাৰক যি সমস্যাৰ মুখোমুখি হৈছিল তাৰে প্ৰতিশোধ লৈছিল। তেওঁ ২০১৪ চনৰ কন্নড় ছবি 'আম্বৰেশ'ত 'দৰ্শন'ৰ বিপৰীতে অভিনয় কৰিছিল। ২০১৪ চনত, তেওঁ পিটা বিজ্ঞাপন প্ৰচাৰৰ পক্ষত আছিল, জনসাধাৰণক পিঞ্জৰা বাঘৰ বৈশিষ্ট্যযুক্ত চিৰিয়াখানাটো বৰ্জন কৰাৰ আহ্বান জনাইছিল। 'দ্যা ফেমিলি মেন'ত মনোজ ভাজপাইৰ চুপাৰ স্পাইৰ স্মাৰ্ট, সুন্দৰ আৰু দক্ষ স্ত্ৰী হিচাবে ৱেব চিৰিজ জগতত অভিনয় কৰে। ব্যক্তিগত জীৱন প্ৰিয়ামণি ২০১৭ চনৰ ২৩ আগষ্টত এটি অনুষ্ঠানত মুস্তফা ৰাজৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বঁটা আৰু মনোনয়ন শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০০৬) 'পাৰুথিভেৰান' শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে তামিলনাডু ৰাজ্য চলচ্চিত্ৰ বঁটা (২০০৬) 'পাৰুথিভেৰান' শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে বিকাটান বঁটা (২০০৬) 'পাৰুথিভেৰান' শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা তামিল (২০০৭) 'পাৰুথিভেৰান' শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে বিজয় বঁটা (২০০৭) 'পাৰুথিভেৰান' শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা মালায়লম (২০০৮) 'থিৰাক্কাথা' মননীত—শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা (২০০৯) 'ৰাম' শ্ৰেষ্ঠ সহায়ক অভিনেত্ৰীৰ বাবে চান্দালউড ষ্টাৰ বঁটা (২০১১) 'বিষ্ণুবৰ্ধন' মননীত—শ্ৰেষ্ঠ ঋণাত্মক চৰিত্ৰৰ বাবে বাংগালুৰু টাইমচ্ ফিল্ম বঁটা (২০১১) 'বিষ্ণুবৰ্ধন' শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা কন্নড় (২০১২) 'চাৰুলথা' শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে বঁটা (২০১২) 'চাৰুলথা' শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে সুবৰ্ণ ফিল্ম বঁটা (২০১২) 'চাৰুলথা' শ্ৰেষ্ঠ চেলিব্ৰিটি বিচাৰকৰ বাবে এছিয়াভিশ্বন টেলিভিচন বঁটা (২০১৫) 'ডি২ ডি৪ ডাঞ্চ' মননীত—শ্ৰেষ্ঠ সহায়ক অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা তেলুগু (২০১৬) 'মন ওৰি ৰামায়ণাম' শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে টিএছআৰ টিভি৯ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা কন্নড় (২০১৮)- 'দ্বজা' চলচ্চিত্ৰপুঞ্জী টেলিভিচন ৰিয়েলিটি শ্ব’ৰ বিচাৰক হিচাপে অন্যান্য শ্ব’ ৱেব চিৰিজ তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ভাৰতৰ ব্যক্তি ভাৰতীয় অভিনেত্ৰী ফিল্মফেয়াৰ বঁটা বিজয়ী শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
74909
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%B0%E0%A7%8D%E0%A6%AC%20%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC%20%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%B2%E0%A6%BE%20%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8
সৰ্ব ভাৰতীয় মহিলা সন্মিলন
সৰ্ব ভাৰতীয় মহিলা সন্মিলন ভাৰতৰ নতুন দিল্লীত অৱস্থিত এক বেচৰকাৰী সংগঠন। মহিলা আৰু শিশুসকলৰ বাবে শৈক্ষিক প্ৰচেষ্টা উন্নত কৰাৰ বাবে ইয়াক ১৯২৭ চনত মাৰ্গাৰেট কাজিনছে প্ৰতিষ্ঠা কৰিছিল। নাৰী অধিকাৰৰ লগত জড়িত সমস্যাৰ মোকাবিলা কৰাৰ বাবে ইয়াৰ পৰিসৰ সম্প্ৰসাৰিত কৰি আহিছে। সংগঠনটো ভাৰতৰ আটাইতকৈ পুৰণি মহিলা সংগঠনৰ অন্যতম আৰু সমগ্ৰ দেশতে ইয়াৰ শাখা আছে। ইতিহাস মহিলা আৰু শিশুৰ শিক্ষাৰ লগতে সমাজ কল্যাণৰ বাবে ১৯২৭ চনত পুনেত সৰ্ব ভাৰতীয় মহিলা সন্মিলন প্ৰতিষ্ঠা কৰা হৈছিল। মাৰ্গাৰেট কাজিনছে ১৯২৫ চনৰ শেষৰ ফালে আন মহিলা গোট আৰু বন্ধুবৰ্গক মহিলাৰ শিক্ষাৰ বিষয়ে আলোচনা কৰিবলৈ একত্ৰিত হ'বলৈ এটা সংগঠন গঢ়ি তোলাৰ আহ্বান জনাইছিল। পুনাত অনুষ্ঠিত প্ৰথম সন্মিলনত পুনা বিশ্ববিদ্যালয়ৰ ফাৰ্গুছন কলেজ প্ৰেক্ষাগৃহত সমবেত হোৱা ২,০০০জন লোক উপস্থিত আছিল। অংশগ্ৰহণকাৰীসকলৰ বেছিভাগেই পৰ্যবেক্ষক আছিল। ইয়াৰ লগতে কাজিনে সৰ্বভাৰতীয় মহিলা সন্মিলন সৃষ্টিত সহায় কৰিবলৈ একত্ৰিত কৰা মহিলা সকলো অন্তৰ্ভুক্ত আছিল। ৰাজকুমাৰী অমৃত কৌৰ ইয়াৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল। এআইডব্লিউচিৰ প্ৰথম সচিবসকলৰ ভিতৰত কমলাদেৱী চট্টোপাধ্যায় অন্যতম আছিল। ১৯৮২ চনত সৰ্বভাৰতীয় মহিলা সন্মিলনে লেডী আৰউইন কলেজ অফ ডোমেষ্টিক চাইন্স প্ৰতিষ্ঠা কৰাৰ বাবে ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল। লগতে ১৯২৮ চনত ই স্বীকাৰ কৰিছিল যে "ক্ষতিকাৰক সামাজিক ৰীতি-নীতি"ৰ সৈতে মোকাবিলা নকৰাকৈ মহিলাৰ শিক্ষা সঠিকভাৱে সমাধান কৰিব নোৱাৰি। এআইডব্লিউচিৰ মহিলাসকলে "বাল্য বিবাহ বিধেয়কৰ অগ্ৰগতি ৰক্ষা আৰু প্ৰতিবেদন" আৰু বাল্য বিবাহৰ প্ৰথা সম্পৰ্কীয় ৰাজনীতিবিদসকলক নিজৰ দাবীৰ মান্তি কৰাবলৈ এখন সমিতি গঠন কৰিছিল। তেওঁলোকে মোকাবিলা কৰা আন বিষয়বোৰৰ ভিতৰত মহিলাসকলক বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰী আৰু ভোটদানৰ অধিকাৰ দিয়া আদি উল্লেখযোগ্য। ১৯৩০ চনত সৰ্বভাৰতীয় মহিলা সন্মিলন ১৮৬০ চনৰ চ'চাইটি পঞ্জীয়ন আইন, একবিংশৰ অধীনত পঞ্জীয়ন কৰা হৈছিল। ইয়াৰ পঞ্জীয়ন নম্বৰ হৈছে ১৯৩০ চনৰ ৫৫৮ নম্বৰ। এআইডব্লিউচিয়ে ১৯৪১ চনত 'ৰোশনি' নামৰ এখন আলোচনী প্ৰকাশ কৰিছিল। এই আলোচনীখন দ্বিভাষিক আছিল আৰু ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে প্ৰকাশিত হৈছিল। সংগঠনটোৱে ভাৰতত মহিলাৰ সুৰক্ষাৰ বাবে নতুন আইন গৃহীত কৰিবলৈ আৰু ভোটদানৰ অধিকাৰ সম্প্ৰসাৰিত কৰাত সহায় কৰিবলৈ সংসদত নিজৰ দাবী মান্তি কৰাবলৈ বিভিন্ন কাৰ্যপন্থা হাতত লৈছিল। ১৯৪৬ চনত এআইডব্লিউচিৰ বাবে এটা কেন্দ্ৰীয় কাৰ্যালয় স্থাপন কৰা হৈছিল। লগতে ১৯৪৬ চনত গাঁওসমূহক চিকিৎসা প্ৰদান কৰাত সহায় কৰিবলৈ "স্কিপো কমিটি" গঠন কৰা হৈছিল। ভাৰত স্বাধীনতা আন্দোলনৰ সময়ত বহুতো মৌলবাদী সদস্যই "জাতীয়তাবাদী আন্দোলনকাৰী" হোৱাৰ বাবে সংগঠনটো ত্যাগ কৰিছিল। সংগঠনটোৱে ১৯৪৮ চনত কমিউনিষ্ট গোটৰ সৈতে জড়িত সদস্যসকলকো বহিষ্কাৰ কৰিছিল। কাৰ্যকলাপ আৰু কাৰ্যসূচী সৰ্ব ভাৰতীয় মহিলা সন্মিলনৰ প্ৰাৰম্ভিক মুখ্য উদ্দেশ্যবোৰৰ ভিতৰত মহিলাৰ শিক্ষা অন্যতম আছিল। ই বৰ্তমান সময়তো এক প্ৰাথমিক চিন্তাৰ বিষয় হৈ আছে। সংগঠনটোৰ সাক্ষৰতা অভিযান ১৯৯৬ চনত ইয়াৰ শাখাৰ জৰিয়তে শিল্প প্ৰশিক্ষণৰ সৈতে প্ৰাপ্তবয়স্ক মহিলাৰ বাবে বিদ্যালয় ত্যাগ কৰা আৰু সাক্ষৰতা কাৰ্যসূচীৰ বাবে অনানুষ্ঠানিক শিক্ষা কাৰ্যসূচী আৰম্ভ কৰি তীব্ৰতৰ কৰা হৈছিল। ই গ্ৰাম্য মহিলাসকলৰ বাবে ক্ষুদ্ৰঋণ আঁচনি আৰু শক্তি উন্নয়ন পৰিচালনা কৰে। এআইডব্লিউচিয়ে মহিলাসকলক স্বাস্থ্যকৰভাৱে খাদ্য সংৰক্ষণৰ বাবে সৌৰ শুষ্ককৰণ ব্যৱহাৰৰ প্ৰশিক্ষণ দিছে। তেওঁলোকে মহিলাসকলক নিযুক্তি বিচাৰি উলিওৱাত সহায় কৰে লগতে স্বাস্থ্যজনিত সমস্যা আৰু মানৱ সৰবৰাহ প্ৰতিৰোধৰ সৈতে জড়িত। সভানেত্ৰীসকলৰ তালিকা সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সভানেত্ৰীসকলৰ তালিকা তলত উল্লেখ কৰা হ'ল: মহাৰাণী চিম্নাবাঈ গায়কৱাড, ১৯২৭ ভূপালৰ জোহান বেগম, ১৯২৮ মণ্ডিৰ ৰাণী ডোৱেজাৰ, ১৯২৯ সৰোজিনী নাইডু ১৯৩০ ড° মুথুলক্ষ্মী ৰেড্ডী, ১৯৩১ সৰলা ৰায়, ১৯৩২ লেডী বিদ্যাগৌৰী নীলকান্ত, ১৯৩৩ লেডী আব্দুল কাদিৰ, ১৯৩৪ হিল্লা ৰুস্তমজী ফাৰিদুঞ্জি, ১৯৩৫ মহাৰাণী সেতু পাৰ্বতীবাই, ১৯৩৬ মাৰ্গাৰেট ই. কাজিনছ, ১৯৩৭ ৰাজকুমাৰী অমৃত কৌৰ, ১৯৩৮ ৰাণী লক্ষ্মীবাঈ ৰাজৱাদে, ১৯৩৯ শ্বৰীফা হামিদ আলী, ১৯৪০-৪১ ৰামেশ্বৰী নেহৰু, ১৯৪২ বিজয়লক্ষ্মী পণ্ডিত, ১৯৪৩ কমলাদেৱী চট্টোপাধ্যায়, ১৯৪৪-৪৫ হংসা জীৱৰাজ মেহতা, ১৯৪৬ ধন্বন্তী ৰামা ৰাও, ১৯৪৭ অনসূয়া কালে, ১৯৪৮ উৰ্মিলা মেহতা, ১৯৪৯-৫০ হান্না সেন, ১৯৫১-৫২ ৰেণুকা ৰায়, ১৯৫৩-৫৪ লক্ষ্মী এন. মেনন, ১৯৫৫-৫৮ ৰক্ষা চৰণ, ১৯৫৯-৬০ মিথান জামছেদ লাম, ১৯৬১-৬২ মাচুমা বেগম, ১৯৬৩-৬৪ এম. এছ. এইচ. ঝাবৱালা, ১৯৬৫-৬৮ বি. তাৰাবাঈ, ১৯৬৯-৭০ লক্ষ্মী ৰাগুৰামাইয়াহ, ১৯৭১-৭৯ সৰোজিনী বৰদপ্পান, ১৯৮১-৮৫ অশোক গুপ্তা, ১৯৮৬-৯০ শোভানা ৰাণাদে, ১৯৯১-৯৫ কুন্তী পাল, ১৯৯৬-৯৮ কালাৱতী ত্ৰিপাঠী, ১৯৯৯-২০০১ অপৰ্ণা বসু, ২০০২-২০০৪ মনোৰমা বাৱা, ২০০৫-২০০৭ গোমতী নায়াৰ, ২০০৮-২০১০ বিনা জৈন, ২০১১-২০১৩ বীনা কোহলী, ২০১৪-২০১৬ শীলা কাকদে, বৰ্তমান তথ্য উৎস বাহ্যিক সংযোগ সৰ্ব ভাৰতীয় মহিলা সন্মিলনৰ ৱেবচাইট ভাৰতৰ মহিলা
84977
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A6%BE%E0%A6%A0%E0%A6%BE%E0%A6%A8%20%28%E0%A6%9A%E0%A6%B2%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0%29
পাঠান (চলচ্চিত্ৰ)
পাঠান হৈছে এখন হিন্দী ভাষাৰ চোৰাংচোৱা একচন-থ্ৰিলাৰ ছবি। সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা লিখিত আৰু পৰিচালিত আৰু আদিত্য চোপ্ৰাই তেওঁৰ য়শ ৰাজ ফিল্মছৰ অধীনত নিৰ্মিত। শ্বাহৰুখ খান, ৫ বছৰৰ বিৰতিৰ পিছত চিনেমালৈ উভতি অহা দীপিকা পাডুকন আৰু জন আব্ৰাহামে অভিনীত এই ছবিখন ৱাই আৰ এফ স্পাই ইউনিভাৰ্ছৰ চতুৰ্থ কিস্তি। টাইগাৰৰ চৰিত্ৰত অভিনয় কৰিছে ছলমান খানে। বৰ্ধিত কেমিঅ’ অভিনয়ত। ভাৰতীয় গণৰাজ্য দিৱসৰ সপ্তাহান্তৰ লগত সংগতি ৰাখি ভাৰতত তামিল আৰু তেলেগু ভাষাত ডাব কৰা সংস্কৰণৰ সৈতে ত ভাৰতত মুক্তি দিয়া হৈছিল চৰিত্ৰ শ্বাহৰুখ খান, ফিল্ড এজেন্ট পাঠানৰ চৰিত্ৰত দীপিকা পাডুকন জিমৰ চৰিত্ৰত জন আব্ৰাহাম কৰ্ণেল সুনীল লুথ্ৰাৰ চৰিত্ৰত আশুতোষ ৰাণা গৌতম ৰোড ডিম্পল কাপাদিয়া সিদ্ধান্ত ঘেগাদমাল শ্বাজী চৌধুৰী কেপ্তেইন আব্ৰাৰৰ চৰিত্ৰত গাভি চাহাল অবিনাশ সিং "টাইগাৰ" ৰাথোৰৰ চৰিত্ৰত ছলমান খান (কেমিঅ' অভিনয়) উৎপাদন বিকাশ যশ ৰাজ ফিল্মছ, শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু জন আব্ৰাহামে ২০২২ চনৰ ২ মাৰ্চত তেওঁলোকৰ ছ’চিয়েল মিডিয়া একাউণ্টত পাঠানক আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল আৰু প্ৰথম লুক টিজাৰৰ জৰিয়তে মুক্তিৰ তাৰিখ প্ৰকাশ কৰিছিল। ইয়াৰ পূৰ্বেও বিভিন্ন অনুষ্ঠানত ছলমান খান, বিশাল দাদলানীকে ধৰি আন অভিনেতা-অভিনেত্ৰীসকলে ইয়াক জোকাইছিল। টুইটাৰযোগে দাদলানীয়ে ছবিখনৰ কথা ঘোষণা কৰি কয় যে, "অতীতৰ কোনো সংখ্যাই গুৰুত্বপূৰ্ণ নহয়, ভৱিষ্যতৰ কোনো সংখ্যাই বেছি ডাঙৰ নহয়। সমগ্ৰ বিশ্বই শ্বাহৰুখৰ বাবে অপেক্ষা কৰি আছে, তাতোকৈ ডাঙৰ কথাটো হ'ল আমি সকলোৱে ডাঙৰ ডাঙৰ গীতৰ সৈতে এখন কিককাছ ছবিৰ কাম কৰি আছো।" এই ছবিখন ৱাই আৰ এফৰ প্ৰথমখন ডলবি চিনেমাত মুক্তি পোৱা আৰু আইমেক্স কেমেৰাৰে শ্বুটিং কৰা প্ৰথমখন বলীউড ছবি। কাষ্টিং খানে ২০২০ চনৰ ছেপ্টেম্বৰ মাহত এই ছবিখনত অভিনয় কৰিছিল। পাডুকনে সেই নৱেম্বৰ, ২০১৯ত প্ৰডাকচনত যোগদান কৰিছিল। আনহাতে আব্ৰাহামে জুন মাহত মূল অভিনেতা-অভিনেত্ৰীসকলক গোল কৰি মুম্বাইত চিত্ৰগ্ৰহণত যোগদান কৰে। ২০২০ চনৰ ডিচেম্বৰ মাহত অভিনয় কৰিছিল ডিম্পল কাপাডিয়াক। ২০২০ চনৰ নৱেম্বৰ মাহত ছলমান খানে টাইগাৰ ফ্ৰেঞ্চাইজিৰ অবিনাশ সিং ৰাথোৰৰ চৰিত্ৰত পুনৰ অভিনয় কৰি কেমিঅ’ অভিনয় কৰাটো নিশ্চিত হৈছিল। চিত্ৰগ্ৰহণ ১৭ নৱেম্বৰ ২০২০ৰ পৰা মুম্বাইত ছবিখনৰ প্ৰধান ফটোগ্ৰাফী আৰম্ভ হয়। ২০২১ চনৰ জানুৱাৰী মাহত চিত্ৰগ্ৰহণ ডুবাইলৈ স্থানান্তৰিত হয়। লং চেজ ছিকুৱেন্সকে ধৰি কিছুমান ডাঙৰ একচন ছিকুৱেন্সৰ শ্বুটিং একেটা সূচীতে কৰা হৈছিল। 12 2021, -19, 25 2021. 2021, 7 2021 ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত খান, পাডুকন, আব্ৰাহামকে ধৰি একচন ছিকুৱেন্সৰ শ্বুটিঙৰ বাবে প্ৰডাকচন স্পেইনলৈ স্থানান্তৰিত হয়। 2022, 2022, সংগীত ছবিখনৰ সংগীত সুৰ কৰিছে বিশাল–শেখৰ আৰু স্কোৰ ৰচনা কৰিছে সঞ্চিত বলহাৰা আৰু অংকিত বলহাৰা। বিশাল-শেখৰে প্ৰযোজক মেঘদীপ বসুৰ সৈতে পুনৰ মিলিত হয়, পূৰ্বে টাইগাৰ জিন্দা হাই (২০১৭) ছবিত সহযোগিতা কৰাৰ পিছত, ছবিখনৰ সংগীত ব্যৱস্থাপনা আৰু প্ৰডাকচনত। "বেচৰম ৰং" শীৰ্ষক প্ৰথমটো একক গীত ২০২২ চনৰ ১২ ডিচেম্বৰত মুক্তি পাইছিল। "ঝুমে জো পাঠান" শীৰ্ষক দ্বিতীয়টো একক গীত ২০২২ চনৰ ২২ ডিচেম্বৰত মুক্তি লাভ কৰে। বিতৰ্ক "বেচৰম ৰং" গীতটো বিতৰ্কিত হৈ পৰে সোঁপন্থী হিন্দু গোটসমূহে এই গীতটোৱে অশ্লীলতাক প্ৰচাৰ কৰা আৰু ই কেশৰ ৰংক অসন্মান কৰে বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে গীতটোত পাডুকনে কেশৰ বিকিনি পিন্ধিছে। মধ্য প্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই গীতটোক আপত্তিজনক আখ্যা দি সকীয়াই দিয়ে যে গীতটোত থকা সাজ-পোছাক শুধৰণি নকৰিলে তেওঁৰ চৰকাৰে ছবিখন নিষিদ্ধ কৰাৰ কথা চিন্তা কৰিব পাৰে। ছবিখনৰ প্ৰতিবাদৰ প্ৰতীক হিচাপে সাংসদৰ বিভিন্ন চহৰত শ্বাহৰুখ খানৰ প্ৰতিমূৰ্তি আৰু পোষ্টাৰ জ্বলাই দিয়া হয়। টিভি অভিনেতা মুকেশ খান্নাই অশ্লীলতাৰ মাজতো গীতটো পাছ কৰাৰ বাবে চেন্সৰ ব’ৰ্ডক প্ৰশ্ন কৰে। নিউজ মিনিটে সমগ্ৰ বিতৰ্কটোক “জিংগোইজমৰ বাবে নিৰ্লজ্জ ভুল পঢ়া” বুলি অভিহিত কৰি কয় যে গীতটোত পাডুকনে পিন্ধা পাঁচটা ভিন্ন সাজ-পোছাক আছিল আৰু হিন্দু গোটসমূহে কমলা ৰঙৰ বিকিনি দৃশ্যটোক হাইপ কৰি আছে যিটো তেওঁলোকৰ এজেণ্ডাৰ লগত খাপ খুৱাই মাত্ৰ ২০ ছেকেণ্ডৰ বাবেহে দেখা যায়। গানটোৰ যি সময়ত “বেচৰম” শব্দটো উচ্চাৰণ কৰা হৈছিল সেই সময়ত বেলেগ ৰঙৰ কাপোৰ পিন্ধা আছিল। এটা মুছলমান সংগঠনেও এই গীতক লৈ আপত্তি কৰে। ২০২২ চনৰ ২৯ ডিচেম্বৰত ভাৰতীয় চেন্সৰ ব’ৰ্ডে সংস্কৃতি আৰু বিশ্বাসৰ উদ্ধৃতি দি চলচ্চিত্ৰ নিৰ্মাতাসকলক গীতসমূহত কিছু পৰিৱৰ্তন কৰিবলৈ কয়। মুক্তি দিয়া ভাৰতীয় গণৰাজ্য দিৱসৰ সপ্তাহান্তৰ লগত সংগতি ৰাখি ভাৰতত ষ্টেণ্ডাৰ্ড আৰু আইমেক্স সংস্কৰণত তামিল আৰু তেলেগু ভাষাত ডাব সংস্কৰণৰ সৈতে পাঠান থিয়েটাৰত মুক্তি পোৱাৰ কথা। পাঠান হৈছে নভেল আই চি ই থিয়েটাৰ ফৰ্মেটত মুক্তি পোৱা প্ৰথমখন ভাৰতীয় ছবি। তথ্যসূত্ৰ বাহ্যিক সংযোগসমূহ ২০২৩ বৰ্ষৰ চলচ্চিত্ৰ হিন্দী
41266
https://as.wikipedia.org/wiki/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%20%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%80%E0%A6%AE%E0%A6%AA%E0%A7%81%E0%A7%B0%20%E0%A6%9A%E0%A7%B0%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%80%20%E0%A6%89%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%A4%E0%A7%B0%20%E0%A6%AE%E0%A6%BE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%AE%E0%A6%BF%E0%A6%95%20%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC
উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ মহকুমাৰ অন্তৰ্গত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন অসমৰ ভিতৰতে এখন লেখত ল'বলগীয়া বিদ্যালয়। ২০১৩ চনত শতবৰ্ষ গৰকা এই বিদ্যালয়খনিৰ বৰ্তমান অধ্যক্ষা শ্ৰীমতী অনুপমা দেউৰী ভৰালী। বিদ্যালয়খনৰ চাৰিসীমাঃ উত্তৰ- অসামৰিক চিকিৎসালয় আৰু নকড়ী গাঁও পূৱে-নগৰ মজলীয়া বিদ্যালয়, পানীন্দ্ৰ পথ আৰু পানীন্দ্ৰ বিদ্যালয় দক্ষিণে- লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়, উপায়ুক্ত কাৰ্যালয় আৰু ন্যায়াধীশৰ কাৰ্যালয় পশ্চিমে- নীলকণ্ঠ গোঁহাই বৰুৱা পথ, আৱৰ্ত ভৱন, পি এন জি বি বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰু জিলা পুথিভঁৰাল আৰু লখিমপুৰ চহৰ ইতিহাস ১৮৪০ চনত অবিভক্ত লক্ষীমপুৰ জিলাৰ সদৰ ডিব্ৰুগড়ত এখন উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হৈছিল। ১৮৪২ চনত আন এখনি উচ্চ প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰা হয় উত্তৰ লক্ষীমপুৰত। ব্ৰিটিছসকলে শাসনৰ সুবিধাৰ্থে অসমৰ বিদ্যালয়সমূহত বঙালী মাধ্যম প্ৰচলন কৰাৰ সময়ত লক্ষীমপুৰৰ এইকেইখন বিদ্যালয়ৰ মাধ্যমো বঙালী হৈছিল। ১৮৮৬ চনত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাই এই বঙালী মাধ্যমৰ বিদ্যালয়খনৰ পৰাই শিক্ষা গ্ৰহণ কৰিছিল। ১৮৭১ চনত এই উচ্চ মাধ্যমিক বিদ্যালয়খন মজলীয়া বিদ্যালয়লৈ উন্নীত হয়। ১৮৮৬ চনৰ পৰা অৱশ্যে বিদ্যালয়খনি অসমীয়া মাধ্যমৰ হয় আৰু শিক্ষানুৰাগী তেতিয়াৰ সজাগ লক্ষীমপুৰবাসী ৰাইজে ইংৰাজী মাধ্যমৰ শাখা এটি খোলে। শিক্ষাব্ৰতী কাণ্ডাৰী পুৰুষ স্বৰ্গীয় ঘিণাৰাম গোহাঞি বৰুৱাই ১৮৮৯-৯০ চনত যিখন মজলীয়া ইংৰাজী বিদ্যালয়ৰ ভেঁটি স্থাপন কৰিছিল, সেইখন বিদ্যালয়েই কালক্ৰমত উচ্চতৰ মাধ্যমিকৰ ৰূপ ধাৰণ কৰিছে। ১৯১৩ চনত চৰকাৰীভাৱে সপ্তম আৰু অষ্টম শ্ৰেণী দুটা খুলি এখন কনিষ্ঠ উচ্চ ইংৰাজী বিদ্যালয় হিচাপে স্বীকৃতিপ্ৰাপ্ত হয়। ১৯১৪ চনৰ বিশ্বযুদ্ধৰ সময়ত বিদ্যালয়ত প্ৰাইভেটকৈ নৱম আৰু দশম শ্ৰেণী চলি আছিল। ১৯১৮ চনৰ কোনোবা এক দিনত বিদ্যালয়ৰ খেৰ বাঁহৰ গৃহটি জুইত ভস্মীভূত হোৱাত তাৰ পিছতেই ইউ পেটাৰ্ণৰ এটি ঘৰ সজা হয়। ১৯২৩ চনত অসম চৰকাৰে নৱম আৰু দশম শ্ৰেণী দুটা ধৰি পূৰ্ণ পৰ্যায়ৰ এখন চৰকাৰী স্কুল হিচাপে স্বীকৃতি প্ৰদান কৰে। ইয়াৰ তিনি দশকৰ পাছত ২৪টা কোঠাৰ এক উন্নত অসম আৰ্হিৰ পকীঘৰ লাভ কৰে। ১৯৫৮ চনত সৰ্বভাৰতীয় নতুন নতুন শিক্ষানীতি অনুসৰি কলা আৰু বিজ্ঞান উভয় শাখাৰ একোটাকৈ শ্ৰেণী খুলি উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱাৰ লগতে বিদ্যালয়খনিৰ নাম “উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়” ৰখা হয়। ১৯৭২ চনত নতুন শিক্ষানীতিৰ প্ৰৱৰ্ত্তিত পাঠ্যক্ৰম অনুসাৰে একাদশ শ্ৰেণীৰ দ্বাদশ শ্ৰেণী লগ কৰাই এক সুকীয়া গোট কৰা হ’ল। প্ৰধান শিক্ষকসকল মৌঃ মফিজুৰ ৰহমানবাবুৰজনী চন্দ্ৰ দাসবাবু সতীশ চন্দ্ৰ দাসবাবু নাথ দাসৰমনীকান্ত বৰুৱাকমলাকান্ত ভূঞাইন্দ্ৰেশ্বৰ বৰঠাকুৰবাবু মোক্ষদা মোহন দাসবাবু ভুবন মোহন গাংগুলীচন্দ্ৰ নাথ দত্ত ফুকনৰোষেশ্বৰ শৰ্মাদুৰ্গাপ্ৰসাদ বৰগোঁহাইবনমালি ভট্টাচাৰ্যকুমুদ চন্দ্ৰ বৰদলৈচিৰাজুল হক বৰুৱানৰেন্দ্ৰ নাথ গোঁহাইডিম্বেশ্বৰ দাসদীন নাথ চহৰীয়ামৌঃ নজিবুৰ ৰহমান অধ্যক্ষসকল মৌঃ আব্দুল মান্নান প্ৰমোদ চন্দ্ৰ দাস নন্দেশ্বৰ কোঁৱৰ মৌঃ নুৰ আহমেদ জাহানাৰা বেগম বৰুৱা থুলেশ্বৰ দেৱ গোস্বামী জগত চন্দ্ৰ গগৈ ৰাধাকান্ত দেউৰী প্ৰহ্লাদ চন্দ্ৰ গগৈ মাণিক চন্দ্ৰ গগৈ পদ্ম শৰ্মা বৰুৱা বীৰেন্দ্ৰ নাথ শৰ্মা মঃ আব্দুছ চাত্তাৰ বীৰেন্দ্ৰ নাথ শৰ্মা পূৰ্ণকান্ত শইকীয়া প্ৰফুল্ল হাজৰিকা জীৱন চন্দ্ৰ দত্ত অনুপমা দেউৰী ভৰালী বিদ্যালয়ৰ গৌৰৱ পদ্মনাথ গোহাঞি বৰুৱা পানীন্দ্ৰ নাথ গগৈ ড॰ বিশ্ব নাৰায়ণ শাস্ত্ৰী, ড॰ মহেশ্বৰ নেওগ সৰ্বেশ্বৰ বৰুৱা জাহানাৰা বেগম বৰুৱা দেৱ কুমাৰ চাংকাকতি ড॰ সত্যেন্দ্ৰ নাথ গোস্বামী হোমেন বৰগোহাঞি ড॰ মহম্মদ তাহেৰ টাবুৰাম টাইদ ঈশ্বৰ প্ৰসন্ন হাজৰিকা ড॰ পবিত্ৰ বৰগোঁহাই ড॰ দুলাল চন্দ্ৰ গোস্বামী গকুল শইকীয়া ৰঘুনাথ পামেগাম প্ৰেম বৰা বৰ্গৰাম দেউৰী বিদ্যালয়ৰ মুখপত্ৰ উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুখপত্ৰ প্ৰগতিৰ শতবৰ্ষ সমাৰোহ উপলক্ষে প্ৰকাশিত বিশেষ সংখ্যা উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ উপলক্ষে প্ৰকাশিত স্মাৰক গ্ৰন্থ শতাব্দী শতবৰ্ষ উদযাপন বৰ্ণাঢ্য কাৰ্যসূচীৰে ২০১৫ চনৰ ২৫, ২৬ আৰু ২৭ ডিচেম্বৰত উঃ লঃ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন কৰা হয়। এই উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তথ্য সংগ্ৰহ অসমৰ বিদ্যালয়সমূহ উত্তৰ
74668
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%B0%E0%A6%BE%E0%A6%B9%E0%A7%80
বৰাহী
বৰাহী হিন্দু ধৰ্মৰ 'মাতৃকা'(সাতগৰাকী মাতৃ দেৱীৰ এটা গোট) সকলৰ এগৰাকী অন্যতম দেৱী। এটা বৰাহৰ মুৰৰ সৈতে, বৰাহী হৈছে বৰাহ (বিষ্ণু দেৱতাৰ অৱতাৰ)ৰ নাৰী শক্তি। নেপালত, দেৱীক বৰাহী বুলি কোৱা হয়। দেৱী বৰাহীক হিন্দু সকলৰ তিনিটা পন্থাই পূজা কৰে: শৈৱ পন্থা (শিৱৰ ভক্ত), বৈষ্ণৱ পন্থা (বিষ্ণুৰ ভক্ত), আৰু বিশেষকৈ শক্তি পন্থা (দেৱী উপাসনা)। দেৱী বৰাহীক সাধাৰণতে ভমমাৰ্গ তান্ত্ৰিক অনুশীলনৰে গোপনীয় ভাৱে ৰাতি পূজা কৰা হয়। বৌদ্ধ দেৱী বজ্ৰবৰাহী আৰু মাৰিচীৰ উৎপত্তি হিন্দু দেৱী বৰাহীৰ পৰা হৈছে বুলি কোৱা হয়। চিত্ৰায়ন বৰাহীৰ চিত্ৰায়ন মৎস্য পুৰাণ আৰু পূৰ্ব-কৰ্ণগাম আৰু ৰূপমণ্ডনাৰ দৰে আগমত বৰ্ণনা কৰা হৈছে। তান্ত্ৰিক পাঠ বৰাহী তন্ত্ৰত উল্লেখ কৰা হৈছে যে বৰাহীৰ পাঁচটা ভিন্ন স্বৰূপ আছে: স্বপ্না বৰাহী, চন্দা বৰাহী, মাহী বৰাহী (ভৈৰৱী), ক্ৰক্কা বৰাহী আৰু মৎস্য বৰাহী। দেৱতাৰ শক্তি হিচাপে মাত্ৰিকাসকলক ৰূপ, অলংকাৰ আৰু বাহন ৰূপত স্বৰ্গীয় দেৱতাসকলৰ সৈতে সাদৃশ্য থকা বুলি বৰ্ণনা কৰা হয়, কিন্তু বৰাহী কেৱল বৰাহৰ দৰে মুখৰহে উত্তৰাধিকাৰী।বৰাহীক সাধাৰণতে ধুমুহাৰ ডাৱৰৰ দৰে ক'লা বৰণৰ মানৱ শৰীৰত তাইৰ বৈশিষ্ট্যপূৰ্ণ বৰাহ ৰূপী মুখৰ সৈতে দেখুওৱা হয়। কোনো কোনো প্ৰতিকৃতিত, দেৱীয়ে পৃথিৱীখনক বৰাহৰ দৰে তেওঁৰ দাঁতত ধৰি ৰখা বুলি চিত্ৰিত কৰা। তেওঁ কৰণ্ড মুকুট পিন্ধে, এই মুকুট শঙ্কু বাস্কেট আকৃতিৰ। বৰাহীক প্ৰায়ে থিয় হৈ থকা, বহি থকা বা নৃত্যৰতা অৱস্থাত দেখুওৱা হয়। বৰাহীৰ উদৰ অংশ ডাঙৰ আৰু সম্পূৰ্ণ মুক্ত স্তনৰ সৈতে দেখুওৱা হয়, আনহাতে চামুণ্ডাৰ বাহিৰে আন সকলো মাত্ৰিকাক ক্ষীণ আৰু আকৰ্ষণীয় ৰূপত দেখুওৱা হয়। এক বিশ্বাসে অনুসৰি যিহেতু বৰাহীক বিষ্ণুৰ যোগনিদ্ৰৰ সৈতে চিনাক্ত কৰা হয়, যি বিশ্বব্ৰহ্মাণ্ডক তেওঁৰ গৰ্ভত ৰাখে (ভুগৰ্ভ পৰমেশ্বৰী জগধাত্ৰী) সেয়ে তেওঁৰ উদৰ অংশ ডাঙৰকৈ দেখুওৱা উচিত। আন এক তত্ত্ব অনুসৰি তেওঁৰ ডাঙৰ পেটটোৱে "মাতৃত্বৰ দিশ"টোক প্ৰতিফলিত কৰে, আৰু ডনাল্ডছনে এই স্বৰূপটোক "কৌতূহলী" বুলি বৰ্ণনা কৰিছে। কিয়নো বৰাহী আৰু চামুণ্ডাই ঐশ্বৰিক মাতৃৰ ভয়ানক দিশটোৰ "সৰ্বশ্ৰেষ্ঠ উদাহৰণ।" এটা উল্লেখযোগ্য ব্যতিক্ৰম হ'ল ষষ্ঠ শতিকাৰ ৰামেশ্বৰ গুহা (গুহা ২১), ইলোৰা গুহাসমূহৰ এক অংশ। ইয়াত বৰাহীক মানৱ মুখৰ আৰু ক্ষীণ হিচাপে চিত্ৰিত কৰা আছে। দেৱীক ইয়াত সাতগৰাকী মাত্ৰিকাৰ গোটৰ অংশ হিচাপে দেখুওৱা হৈছে। দেৱীৰ কমালত তৃতীয় চকু আৰু/বা অৰ্ধচন্দ্ৰ আছে। আখ্যান মাৰ্কণ্ডেয় পুৰাণৰ দেৱী মাহাত্ম্যৰ শুম্ভ-নিশুম্ভ কাহিনী অনুসৰি, মাতৃকা সকল দেৱতাৰ শৰীৰৰ পৰা সৃষ্টি হোৱা নাৰী শক্তি। শাস্ত্ৰত কোৱা হৈছে যে বৰাহী বৰাহৰ পৰা সৃষ্টি হৈছিল। তেওঁৰ ৰূপ বৰাহৰ দৰে। দেৱীয়ে চক্ৰ আৰু তৰোৱালেৰে যুদ্ধত অৱতীৰ্ণ হয়। শাস্ত্ৰত বৰ্ণনা কৰা যুদ্ধৰ পিছত, মাত্ৰিকাসকলে নৃত্য কৰে আৰু তেওঁলোকে বধ কৰে অসুৰৰ তেজ পান কৰে। ৰাক্ষস ৰক্তবীজৰ হত্যাৰ সৈতে সম্পৰ্কিত দেৱী মাহাত্ম্যৰ এটা খণ্ড অনুসৰি, যোদ্ধা-দেৱী দুৰ্গাই নিজ শৰীৰ পৰা মাত্ৰিকা সকলক সৃষ্টি কৰে আৰু তেওঁলোকৰ সহায়ত ৰাক্ষস সৈন্যক হত্যা কৰে। যেতিয়া ৰাক্ষস শুম্ভই দুৰ্গাক একক যুঁজৰ বাবে প্ৰত্যাহ্বান জনাইছিল, সেইসময়ত দুৰ্গাই মাত্ৰিকাসকলক নিজ শৰীৰৰে একত্ৰিত কৰে। বামন পুৰাণৰ মতে মাত্ৰিকাসকল ঐশ্বৰিক মাতৃ চন্দিকাৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ভৱ হৈছে; বৰাহী চান্দিকাৰ পিঠিৰ পৰা সৃষ্টি হোৱা। মাৰ্কেণ্ডেয় পুৰাণে বৰাহীক বৰদান প্ৰদানকাৰী আৰু উত্তৰ দিশৰ শাসক হিচাপে উল্লেখ কৰিছে। একেটা পুৰাণৰ আন এটা উদাহৰণত, দেৱীৰ বাহন ম'হ বুলি বৰ্ণনা কৰা হৈছে। দেৱী ভাগৱত পুৰাণৰ বৰ্ণনা অনুসৰি বৰাহী সহ আন মাত্ৰিকাসকলক সৰ্বোচ্চ মাতৃ দুৰ্গাই সৃষ্টি কৰিছে। মাতৃয়ে দেৱতাসকলক প্ৰতিশ্ৰুতি দিছিল যে প্ৰয়োজন হ'লে মাত্ৰিকাসকলে ৰাক্ষসৰ সৈতে যুঁজিব। ৰক্তবিজ খণ্ডত, বৰাহীক বৰাহ ৰূপী বুলি বৰ্ণনা কৰা হৈছে, প্ৰেত (মৃতদেহ)ৰ ওপৰত বহি থকা অৱস্থাত দেৱীয়ে দাঁতৰ সৈতে ৰাক্ষসৰ সৈতে যুঁজ দিয়া বুলি বৰ্ণনা কৰা হৈছে। বৰাহ পুৰাণত ৰক্তবিজৰ কাহিনী পুনঃ বৰ্ণিত হৈছে। ইয়াত প্ৰতিগৰাকী মাত্ৰিকা আন এগৰাকী মাত্ৰিকাৰ শৰীৰৰ পৰা সৃষ্টি হোৱা বুলি উল্লেখ আছে। বিষ্ণুৰ শক্তি বৈষ্ণৱীৰ ভংগীমাৰে বৰাহী শেষনাগৰ ওপৰত বিৰাজমান। এই পুৰাণৰ বৰ্ণনা অনুসৰি দেৱী বৰাহীয়ে মানুহৰ ঈৰ্ষা (অসূয়া) দোষক প্ৰতিনিধিত্ব কৰে। মৎস্য পুৰাণ অনুসৰি বৰাহীৰ উৎপত্তিৰ কাহিনীটো কিছু পৃথক। বৰাহী, আন মাত্ৰিকাসকলৰ সৈতে, শিৱই তেওঁক ৰাক্ষস অন্ধকাসুৰাক হত্যা কৰাত সহায় কৰিবলৈ সৃষ্টি কৰিছিল, যাৰ ৰক্তবিজাৰ দৰে তেওঁৰ ক্ষৰণ হোৱা তেজৰ পৰা পুনৰ সৃষ্টি হোৱাৰ ক্ষমতা আছিল। বৌদ্ধ ধৰ্মত বৌদ্ধ দেৱী বজ্ৰযোগীনিৰ ৰূপ বজ্ৰবৰাহী (বৌদ্ধ বৰাহী) হিন্দু বৰাহীৰ পৰা উদ্ভৱ হৈছিল বুলি কোৱা হয়। বজ্ৰবৰাহীক বৌদ্ধ ধৰ্মত বৰাহী বুলিও জনা যায়। বজ্ৰবৰাহী বৰাহীৰ ভয়ংকৰ চৰিত্ৰ আৰু ক্ৰোধৰ গৰাকী। শত্ৰুক ধ্বংস কৰিবলৈ দুয়োগৰাকী দেৱীকে আহ্বান জনোৱা হয়। এলিজাবেথ ইংলিছৰ মতে, যোগতন্ত্ৰৰ জৰিয়তে বৌদ্ধ ধৰ্মত বৰাহীৰ প্ৰৱেশ ঘটে। সৰ্বাতথাগততত্ত্বসমগৰহত, বৰাহীক প্ৰথমতে নৰকত অৱস্থিত শৈৱ সৰ্বমাত্ৰ ("সকলো মাতৃ") বুলি বৰ্ণনা কৰা হৈছে, যাক বজ্ৰপাণিৰ দ্বাৰা বৌদ্ধ মণ্ডললৈ ৰূপান্তৰিত কৰা হয়, বজ্ৰমুখী ("বজ্ৰ-মুখ")। বৰাহীয়ে হেৰুকা-মণ্ডলত এগৰাকী পৰিচাৰক দেৱী হিচাপে প্ৰৱেশ কৰে। বৰাহীক, বাৰ্টালীৰ (বৰাহীৰ আন এক প্ৰকাৰ) সৈতে, মাৰিচীৰ বৰাহ মুখী পৰিচাৰিকা হিচাপে দেখা যায়। টোকা পাদটিকা তথ্যসূত্ৰ হিন্দু
98287
https://as.wikipedia.org/wiki/%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A9%20%E0%A6%9C%E0%A6%BF-%E0%A7%A8%E0%A7%A6%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%20%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8
২০২৩ জি-২০ নতুন দিল্লী সন্মিলন
২০২৩ জি-২০ নতুন দিল্লী সন্মিলন বিশ্বৰ ১৯খন প্ৰভাৱশালী অৰ্থনীতিসমৃদ্ধ দেশ আৰু ইউৰোপীয় সংঘৰ গোট জি-২০ (গ্ৰুপ অৱ টুৱেণ্টি)ৰ অষ্টাদশ সন্মিলন। ২০২৩ চনৰ ৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীৰ প্ৰগতি ময়দানত অৱস্থিত ভাৰত মণ্ডপম আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী-অধিৱেশন কেন্দ্ৰত এই শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়। ভাৰতত অনুষ্ঠিত হোৱা এই জি-২০ শীৰ্ষ সন্মিলনখন ভাৰতৰ লগতে সমগ্ৰ দক্ষিণ এছিয়াৰ ভিতৰতে প্ৰথম সন্মিলন। শীৰ্ষ সন্মিলনৰ লগতে ইয়াৰ লগত জড়িত আনুষংগিক সন্মিলনসমূহ গোটেই বছৰ জুৰি ভাৰতৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনৰ অধ্যক্ষতা কৰে। পৃষ্ঠভূমি পূৰ্বতে ভাৰতে ২০২১ চনত জি-২০ সন্মিলন আৰু ২০২২ চনত ইটালীয়ে আয়োজন কৰাৰ কথা আছিল। ২০১৮ চনত আৰ্জেণ্টিনাত অনুষ্ঠিত জি-২০ বুয়েনছ আইৰেছ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীক ২০২১ চনত এই সন্মিলন আয়োজন কৰিবলৈ আৰু ২০২২ চনত ভাৰতক ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বছৰ উপলক্ষে আয়োজন কৰিবলৈ অনুমতি দিবলৈ অনুৰোধ জনাইছিল। ইটালীয়ে ভাৰতৰ লগত দ্বিপাক্ষিক সু-সম্পৰ্কৰ বাবে ২০২২ চনত ভাৰতক জি-২০ সন্মিলন আয়োজন কৰিবলৈ দিবলৈ সন্মত হয়। ২০২৩ চনত ইণ্ডোনেছিয়াই দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন চমুকৈ আছিয়ানৰ অধ্যক্ষতা কৰাৰ বাবে পূৰ্বে নিৰ্ধাৰিত কৰাৰ ধৰণে ২০২৩ চনত ইণ্ডোনেছিয়ায়ে জি-২০ৰ সভাপতিত্ব কৰাৰ বাবে অপাৰগতা প্ৰকাশ কৰে। সেয়ে ইণ্ডোনেছিয়াৰ বৈদেশিক মন্ত্ৰী ৰেটনো মাৰ্ছুডিয়ে কৰা অনুৰোধৰ পিছত ভাৰতে ইণ্ডোনেছিয়াৰ সৈতে জি-২০ৰ অধ্যক্ষতাৰ দায়িত্ব আদান-প্ৰদান কৰে আৰু ভাৰতে ২০২৩ চনত জি-২০ৰ অষ্টাদশ সন্মিলনখন অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰে। অধ্যক্ষতা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ নতুন দিল্লী সন্মিলনৰ অধ্যক্ষতা কৰে। ২০২২ চনৰ ১ ডিচেম্বৰৰ পৰা ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ কাৰ্যকাল আৰম্ভ হৈছিল। ইয়াৰ ফলশ্ৰুতিত ২০২৩ চনৰ তৃতীয় ত্ৰৈমাসিকত শীৰ্ষ সন্মিলনখন অনুষ্ঠিত হয়। জি-২০ৰ অধ্যক্ষতাৰ পদ হস্তান্তৰৰ অনুষ্ঠান ২০২২ চনত ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত হোৱা জি-২০ৰ সপ্তদশ সন্মিলনত অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানত অধ্যক্ষতাৰ দায়িত্ব ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডোৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ হস্তান্তৰ কৰা হয়। ২০২৩ চনত অনুষ্ঠিত হোৱা জি-২০ৰ অষ্টাদশ নতুন দিল্লী সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে আনুষ্ঠানিকভাৱে জি-২০ৰ অধ্যক্ষৰ পদ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ’ লুলা দা চিলভাক অৰ্পণ কৰে। ২০২৩ চনৰ ৩০ নৱেম্বৰলৈকে ভাৰতে এই পদত অধিষ্ঠিত থাকিব। মুখ্য কাৰ্যসূচী জি-২০ৰ অধ্যক্ষ হিচাপে ভাৰতে ২০২৩ চনত জি-২০ৰ মুখ্য আলোচনাৰ বাবে ছটা কাৰ্যসূচীক অগ্ৰাধিকাৰ প্ৰদান কৰিছে: সেউজ উন্নয়ন, জলবায়ু বিত্ত আৰু পৰিৱেশৰ বাবে জীৱনশৈলী ত্বৰান্বিত, অন্তৰ্ভুক্ত আৰু স্থিতিস্থাপক বৃদ্ধি বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ওপৰত অগ্ৰগতি ত্বৰান্বিত কৰা প্ৰযুক্তিগত ৰূপান্তৰ আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি একবিংশ শতিকাৰ বাবে বহুপক্ষীয় প্ৰতিষ্ঠান মহিলা নেতৃত্বাধীন উন্নয়ন ২০২৩ চনৰ ২৬ আগষ্টত দিয়া এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ অধ্যক্ষতাৰ অধীনত জি-২০ দেশসমূহৰ বিকশিত কাৰ্যসূচীক লৈ আশাবাদীতা প্ৰকাশ কৰে। তেওঁ গোলকীয় দক্ষিণৰ উদ্বেগসমূহৰ সৈতে মিল থকা মানৱকেন্দ্ৰিক উন্নয়নৰ দৃষ্টিভংগীৰ দিশত জলবায়ু পৰিৱৰ্তন আৰু জি-২০ৰ ঋণৰ সংযুক্ত পৰিকাঠামোৰ জৰিয়তে ঋণৰ পুনৰগঠনৰ সৈতে স্থানান্তৰিত কৰা আৰু বিশ্বব্যাপী গুপ্তমুদ্ৰা বা ক্ৰিপ্টোকাৰেন্সীৰ নিয়ন্ত্ৰণৰ বাবে কৌশলৰ ওপৰত এই সন্মিলনে বিশেষ গুৰুত্ব আৰোপ কৰে। প্ৰস্তুতি ভাৰত চৰকাৰে জি-২০ৰ অষ্টাদশ সন্মিলনৰ বাবে ₹৯৯০ কোটি টকা বাজেট নিৰ্ধাৰণ কৰিছিল। এই অনুষ্ঠানৰ নিৰাপত্তাৰ বাবে চৰকাৰে দিল্লী আৰক্ষীৰ ৮০ হাজাৰ আৰক্ষী বিষয়াকে ধৰি ১ লাখ ৩০ হাজাৰ নিৰাপত্তাৰক্ষীক নিয়োগ কৰিছিল। চিএনএন, ৰয়টাৰ আৰু ৱাশ্বিংটন পোষ্টে প্ৰকাশ কৰা অনুসৰি জি-২০ সন্মিলনৰ পূৰ্বে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপকে ধৰি ভাৰতীয় কৰ্তৃপক্ষই সমগ্ৰ নতুন দিল্লীত গৃহহীন আশ্ৰয় শিবিৰ আৰু বস্তি অঞ্চলসমূহৰ বিৰুদ্ধে উচ্ছেদ অভিযান আৰম্ভ কৰিছিল। ভাৰত চৰকাৰৰ প্ৰেছ সংস্থা প্ৰেছ ইনফৰ্মেচন ব্যুৰোৱে এই দাবী নাকচ কৰে আৰু কয় যে এই উচ্ছেদ অভিযান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কৰা হৈছে আৰু ২০২৩ চনৰ জি-২০ নতুন দিল্লী সন্মিলনৰ সৈতে কোনো সম্পৰ্ক নাই। দিল্লীত নিষেধাজ্ঞা সন্মিলনৰ সময়ত বিদেশী ৰাষ্ট্ৰৰ মুৰব্বী আৰু কূটনৈতিক বিষয়া আৰু অন্যান্য আমন্ত্ৰিত অতিথি সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত কিছুমান নিষেধাজ্ঞা জাৰি কৰা হয়। নিষেধাজ্ঞা অনুসৰি দিল্লীৰ সকলো বিদ্যালয়, কাৰ্যালয়, কৰ্মস্থলী, বজাৰ, ৰেষ্টুৰেণ্ট আৰু বিপণীসমূহ তিনিদিনৰ বাবে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। ইফালে পথত চলাচলৰ সন্দৰ্ভত যান-বাহনৰ বাবে কেতবোৰ নিৰ্দেশনা জাৰি কৰা হয়। ই-কমাৰ্চ ডেলিভাৰী নতুন দিল্লী পৌৰ পৰিষদৰ (এনএমডিচি)ৰ অধীনত ঔষধ আৰু গেলামালৰ অৰ্ডাৰ দিয়াত সীমাবদ্ধ কৰা হয় আৰু মানুহক ঘৰতে থাকিবলৈ পৰামৰ্শ দিয়া হয়। অংশগ্ৰহণকাৰী এই সন্মিলনত জি-২০ গোটৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰায়ভাগৰে ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰৰ মুৰব্বী সকলে অংশগ্ৰহণ কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ভাৰতৰ ৰাজধানীত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলন অংশগ্ৰহণ কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয়। তেওঁলোকৰ স্থান ক্ৰমে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভ আৰু চীনৰ প্ৰিমীয়াৰ লি কিয়াঙে গ্ৰহণ কৰে। আমন্ত্ৰিত অতিথি জি-২০ গোটৰ অধ্যক্ষ আৰু সন্মিলনৰ আয়োজক হিচাপে ভাৰতে মুঠ ১০খন দেশৰ ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীসকলক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। অংশগ্ৰহণকাৰী আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অতিথি ফলাফল আফ্ৰিকান ইউনিয়নে জি-২০ত স্থায়ী সদস্য হিচাপে যোগদান কৰে। বহনক্ষম জৈৱ ইন্ধনৰ বিকাশ আৰু গ্ৰহণৰ প্ৰসাৰ আৰু প্ৰাসংগিক মানদণ্ড আৰু প্ৰমাণপত্ৰ নিৰ্ধাৰণৰ বাবে গ্ল'বেল বায়'ফিউৱেল এলায়েন্স নামৰ এটা নতুন সংস্থা গঠন কৰা হয়। নতুন দিল্লী নেতাৰ ঘোষণাপত্ৰখন সহমতৰ সৈতে গ্ৰহণ কৰা হয়। ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিড'ৰ নামেৰে ভাৰতক মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ সৈতে সংযোগ কৰা ৰে'ল আৰু জাহাজ পৰিবহণ কৰিড'ৰ নিৰ্মাণৰ বাবে কেইবাখনো দেশৰ যৌথ চুক্তি হয়। এই গোটত ভাৰত, চৌদি আৰব, সংযুক্ত আৰব আমিৰাট, জৰ্ডান, ইজৰাইল আৰু ইউৰোপীয় সংঘ অন্তৰ্ভুক্ত হৈছে। তথ্য উৎস
7662
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A7%82%E0%A6%95%E0%A6%BE%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A6%AF%E0%A6%BC
মূকাভিনয়
মূকাভিনয়ৰ অৰ্থ হৈছে মুখৰে শব্দ উচ্চাৰণ নকৰাকৈ বা সংলাপ নোকোৱাকৈ মনৰ ভাব প্ৰকাশ কৰা। নাট্যশিল্পৰ এক বিশেষ দিশ হৈছে এই মূকাভিনয়। এই পদ্ধতিৰ জৰিয়তে কোনো অভিনেতাই কোনো সংলাপ ব্যৱহাৰ নকৰাকৈ কেৱল দেহ ভঙ্গিমা আৰু মুখৰ অভিব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰি অভিনয় কৰে। যি কোনো অভিনেতায়ে কিছু পৰিমানে মূকাভিনয় কৰিব লগা হয়, তেওঁলোকৰ অঙ্গীভঙ্গীৰ সহায়ত। আনকথাত মূকাভিনয় থিয়েটাৰৰ ৰস বিতৰণৰ এক মাধ্যম। মুকাভিনয়ক এটা স্বতন্ত্ৰ প্ৰদৰ্শন কলা হিচাপেও ব্যৱহাৰ কৰা হয়। ইয়াৰ আৱিৰ্ভাৱ হৈছিল প্ৰাচীন গ্ৰীছত। ছ লেককে তেওঁৰ প্ৰশিক্ষণ পদ্ধতিৰে আধুনিক যুগত মুকাভিনয়ৰ বিকাশত প্ৰভূত বৰঙণি যোগাইছিল। মূকাভিনয়ৰ ইতিহাস আদি ৰোমান যুগত ওপৰত উল্লেখিত ধৰণৰ অনুষ্ঠানত অংশলোৱা লোক সকলক ইংৰাজী ভাষাত বুলিছিল। অৰ্থাৎ সকল আছিল এক শ্ৰেণীৰ অভিনেতা যি মূকাভিনয় অনুষ্ঠানত অংশগ্ৰহন কৰিছিল। এই সকলৰ উদ্ভৱকাল নিৰ্ণয় কৰা কঠিন। শব্দটি গ্ৰীক শব্দ, যাৰ অৰ্থ বিশুদ্ধ অনুকৃতি (ইংৰাজী ভাষাত: )।সকলো অভিনেতায়েই কিছু পৰিমানে মুকাভিনয় কৰিব লগা হয় তেওঁলোকৰ অংগীভঙ্গিৰ জৰিয়তে। মাত্ৰ ভাৱ, ক্ৰিয়া আৰু পৰিস্থিতিৰ দেহ ভংগী আৰু পদক্ষেপৰ প্ৰকাশ। সভ্যতাৰ আদি যুগত প্ৰত্যেক দেশৰ ৰণনৃত্য, জীৱজন্তুৰ অনুকৰণ, বলিদান আদি অনুষ্ঠানত ৰ অস্তিত্ব পোৱা যায়। ভাৰত আৰু মিচৰৰ সভ্যতাত -এ এক ধাৰাবাহিকতা অক্ষুন্ন ৰাখি শিল্পৰ পৰ্য্যায়লৈ উন্নীত হয়। গ্ৰীকসকলে মাজে মাজে মূকাভিনয়ৰ সহায়ৰ হেতু 'কোৰাচ’ যুক্ত কৰিছিল।ৰোমান সকলে বিশেষ ভাবে ৰ উন্নতি সাধন কৰিছিল।এই উৎকৰ্ষ সাধনৰ বাবে ৰোম সাম্ৰাজ্যত বিদ্যালয়ো প্ৰতিস্থা কৰিছিল। মুকাভিন্যৰ বিভিন্ন চৰিত্ৰৰ পাৰ্থক্য বুজাবলৈ মুখাৰ প্ৰয়োগ কৰিছিল।কেতিয়াবা কেতিয়াবা এই মূকাভিনয়ৰ লগত দৃশ্যসজ্জা, আবাহসঙ্গীত যুক্ত কৰি এক নাট্য মূহুৰ্ত্তৰো সৃষ্টি কৰিছিল। ইংৰাজ সকলৰ প্ৰকৃততে এই ৰে এটি আঙ্গিক মাত্ৰ। পুৰণি ৰোমান সম্ৰাট অগাষ্টাচ আছিল ৰ পৃষ্ঠপোষক। বহুতে সেয়ে আগাষ্টাচক মূকাভিনয়ৰ জন্মদাতা বুলি ক’ব বিছাৰে।উল্লেখযোগ্য যে সম্ৰাট টিবেৰিয়াচে আকৌ ৰ জনপ্ৰিয়তা হ্ৰাস কৰিবৰ বাবে এক নিষেধাজ্ঞা জাৰি কৰিছিল। ফলত সেই সময়ৰ সম্ভ্ৰান্ত ব্যক্তি দলত যোগদান বন্ধ হৈ পৰিছিল।বৰ্তমান যুগত আকৌ ৰ চৰ্চা পুনঃআৰম্ভ হয়। স্বয়ং সম্ৰাট 'নিৰো'ৱে হেনো হিছাবে অভিনয়ো কৰিছিল। সকলে মুখাৰ ব্যৱহাৰ কৰিছিল, সেয়ে মুখৰ অভিব্যক্তি বা অনুকৃতি সম্ভব হোৱা নাছিল। হাত আৰু হাতৰ আঙুলি বোৰেই প্ৰধানত: ব্যৱহাৰ হৈছিল। ২০খৃষ্টাব্দৰ পৰা মহিলা সকলে হিছাবে আত্মপ্ৰকাশ কৰে। কোনো কোনো সময়ত সেই অভিনেত্ৰী সকলে নগ্ন হৈও অভিনয় কৰিছিল। এই কাৰ্য্যত প্ৰাচীন খৃষ্টান লিখক সকল খৰ্গহস্ত হৈছিল আৰু 'গ্ৰচৱী জুভেনাল' নামৰ দাৰ্শণিকজনে এই অনুষ্ঠান সমুহ অশ্লীল বুলি প্ৰতিবাদ কৰিছিল। কালক্ৰমত বিভিন্ন পৰিবৰ্তনৰ মাজেৰে আহি আধুনিক ত মুকাভিনেতাতকৈ অভিনিত বিষয়বস্তুৰ গুৰুত্ব বাঢ়িল। বিলাকত আঞ্চলিক ছাপ আৰু সমসাময়িক বিষয় যুক্ত হৈছিল। সেই বিলাকত বিভিন্ন দৃশ্যসজ্জা, অনুকৃতি, নৃত্য, যাদু খেল, স্হূল ৰসৰে পুৰ্ণহৈ পূৰ্বৰ মৰ্য্যদা হেৰুৱাবলৈ আৰম্ভ কৰিছিল।মধ্যযুগত ৰ মাজত আকৌ আমি ৰ পূৰ্ৱৰ ধাৰা দেখা পাওঁ। ৰ এটা আংগিক ৰ ৰূপত আভিৰ্ভাব হল।ইয়াৰ মাজতে ৰ জনপ্ৰিয় চৰিত্ৰ সমুহ তথা বহুৱা ইত্যাদিৰ আমদানী হবলৈ ধৰিলে। আনুমানিক ১৭২৩ খৃষ্টাব্দত এনেধৰণৰ বিনোদন ধৰ্মী অনুষ্ঠানে ইংলণ্ডত বেছ জনপ্ৰিয়তা অৰ্জন কৰিছিল। ১৯ শতিকাত 'বেলে' নৃত্যৰ অধ:পতনৰ লগে লগে ও মঞ্চৰ পৰা প্ৰায় লুপ্ত হৈ পৰে।কিন্তু কুৰি শতিকাৰ প্ৰথম দশকত 'ৰুডলফ ভন' আৰু 'মেৰী উইগমেন'ৰ প্ৰচেষ্টাত এ জাৰ্মেনীত নামে পুনৰ প্ৰতিস্থা হয়। কালক্ৰমত লাহে লাহে গোটেই বিশ্বতে জনপ্ৰিয় হৈ পৰে। ভাৰতীয় নৃত্য শৈলী, বিশেষকৈ ভাৰত নাট্যম আৰু কথাকলিত অতীতকালৰে পৰা মূকাভিনয়ৰ অস্তিত্ব বিদ্যমান। এই দুবিধ শৈলীত প্ৰয়োগ হোৱা বিভিন্ন অংগীভঙ্গি অভিব্যক্তি(মুখজ অভিনয়) আদিৰ কথা এইখিনিতে উল্লেখ কৰিব পাৰি। যি সমুহ কঠোৰ অনুশীলনী আৰু ব্যাকৰণ সন্মত শিক্ষাৰ দ্বাৰা আয়ত্ত্ব কৰিব পাৰি। মূকাভিনয়ৰ সূত্ৰাৱলী মূকাভিনয় কলাৰ কিছুমান আভ্যন্তৰীণ সূত্ৰ আছে।এই সূত্ৰ সমুহৰ সহায়ত এজন মূকাভিনেতাই তেওঁৰ অভিনয়ৰ পূৰ্ণ বিকাশ কৰিব পাৰে আৰু দৰ্শক সকলেও বিষয় বস্তু সম্পুৰ্ণভাৱে উপলব্ধি কৰিব পাৰে। সূত্ৰ সমুহ ১)গতিৰ :-গতিৰ তিনিটা ধাৰা আছে ক) কেন্দ্ৰত্যাগী গতি খ) কেন্দ্ৰাভিমুখী গতি গ) স্বাভাবিক গতি গতিৰ সূত্ৰ সমুহত কেন্দ্ৰ মানে হৃদয়ক বুজোৱা হয়। ২) গতিবেগৰ সূত্ৰ :-কোনো এটা গোষ্ঠী বা সমষ্টি অথবা শক্তি যিটো লয় বা চন্দত চলমান হয় তাৰ হাৰকে গতিবেগ বা বোলা হৈছে। ৩) মনোভাৱ সক্ৰিয় আবেগ কিদৰে উত্থ্বান হয় আৰু পৰোক্ষ আবেগ কিদৰে পতন হয়, মনোভাৱে তাকেই বুজায়। ৪) আঙ্গিক ক) ঋজুৰেখা বেগ আৰু শক্তিৰ প্ৰকাশক। খ) গোলাকৃতিৰেখা মননশীলতা আৰু চিন্তা প্ৰকাশক। গ) সৰ্পিল ৰেখা আধ্যাত্মিকতা, ৰহস্য, কুঁৱলী আৰু জটিলতা প্ৰকাশক। অনুশীলন নীতি ভঙ্গীমা আৰু অঙ্গাভিনয় যন্ত্ৰ মূকাভিনয় শিল্পৰ মূল ভিত্তি হৈছে দেহ আৰু মন। এই দুয়োটাৰ ওপৰত সংযম আৰু পুৰ্ণ দখল থকা অত্যন্ত প্ৰয়োজন। এই দুইটাৰ সন্মিলিত ব্যৱহাৰে মুকাভিনয়ৰ উন্নতি কৰে।ইয়াৰ বাবে মূকাভিনেতাৰ দেহৰ প্ৰতিটো অঙ্গপ্ৰত্যঙ্গ শিঠিল আৰু সংযত কৰিব লাগে। বিভিন্ন প্ৰশিক্ষণৰ দ্বাৰা উক্ত গুণ আয়ত্ব কৰা যায়। দেহৰ প্ৰতিটো অঙ্গপ্ৰত্যঙ্গক এনেকুৱাকৈ প্ৰস্তুত কৰিব লাগিব যাতে নিজস্ব ভাব প্ৰকাশ কৰোঁতে এটা কলাসুলভ সৌন্ধৰ্য্য প্ৰকাশ কৰে। ভঙ্গীমা মূকাভিনয়ত অভিনেতাৰ দেহৰ প্ৰতিটো অংগই কথা কয়। অঙ্গী-ভঙ্গীৰ দ্বাৰাই বাক্য, কথা, বক্তিতা আদি যাবতীয় নাট্যবক্তব্য প্ৰকাশ কৰে। বা ভঙ্গীমাৰ অৰ্থ হ’ল দেহৰ এটা ভঙ্গী যাৰ দ্বাৰা ক'বলগীয়া এটা বাক্য বা বক্তব্য সুস্পষ্টকৈ প্ৰকাশ কৰে। ভঙ্গীমা তিনি প্ৰকাৰ: বাক্য প্ৰকাশক ভঙ্গীমা ক্ৰিয়াকলাপ প্ৰকাশক ভঙ্গীমা স্বভাৱিক ভাবব্যঞ্জক ভঙ্গীমা অঙ্গাভিনয় যন্ত্ৰ ভঙ্গীমা সমুহ প্ৰদৰ্শন কৰিবৰ বাবে "অঙ্গাভিনয় যন্ত্ৰ"ৰ প্ৰয়োজন। যন্ত্ৰ সমুহ হ’ল: হাত দুখন, মণিবন্ধ, কিলাকুটি আৰু কান্ধ। এই প্ৰতিটো অংগৰ একোটা বিশেষ অৰ্থ প্ৰকাশ ক্ষমতা আছে। মুখমণ্ডলৰ পাছতেই হাতৰ স্থান। কাৰণ হাত দুখন হ’ল: মুক সংলাপৰ বাহন ভিন্ন ক্ৰিয়া-কলাপ প্ৰকাশৰ যন্ত্ৰ চৰিত্ৰ নিৰ্দেশক ভাব প্ৰকাশৰ মাধ্যম হাত আৰু নিম্ন বাহুৰ সংযোগস্থলকে 'মণিবন্ধ' বোলা হয়। হাতৰ লগত চিধাচিধি সম্পৰ্ক হ’ল মণিবন্ধৰ। কাৰণ হাতৰ বিভিন্ন ভঙ্গীৰ বাবে কৰা বিভিন্ন স্থান পৰিৱৰ্তনৰ বাবে মণিবন্ধই দায়বদ্ধ। হাতৰ ভঙ্গী নিখুঁত আৰু সূক্ষ্ম কৰাৰ বাবে মণিবন্ধৰ সংযম আৰু নমনীয়তাৰ ব্যায়াম কৰা একান্ত প্ৰয়োজন। মূকাভিনয়ত বিভিন্ন অঙ্গৰ প্ৰভাব মানুহৰ দেহ তিনিটা প্ৰধান ভাগত বিভক্ত।এই বোৰ আকৌ কিছুমান অঞ্চলত বিভক্ত।এই অঞ্চল বিলাকে কোনো অঙ্গাভিনয়ৰ আৰম্ভ আৰু সমাপ্তিবিন্দু সুচায়।প্ৰধান অঙ্গ তিনিটা হল: মস্তক দেহকাণ্ড হস্তপদদ্বয়। মস্তক মস্তকৰ উপৰিভাগ কপাল আৰু চকু দুটাৰে গঠিত।এই অঞ্চলটোক মানসিক অঞ্চল বা ইংৰাজীত বোলে।ইয়াৰ মধ্যাঞ্চল গঠন হৈছে নাক আৰু ওপৰ ওঠৰ দ্বাৰা।মধ্যাঞ্চল আবেগময়তাৰ অঞ্চল বা ইংৰাজীত বোলে।মস্তকৰ নিম্নাংশ গঠিত হৈছে তল ওঠ আৰু ঠুতৰিটোক লৈ।এই অঞ্চল দৈহিক প্ৰবৃতিৰ দ্বাৰা পৰিপূৰ্ণ।এই অংশক ইংৰাজীত বোলা হয়। দেহকাণ্ড দেহকাণ্ডক দুটা ভাগত ভগোৱা হয়।উৰ্দ্ধাংশ আৰু নিম্নাংশ। উৰ্দ্ধাংশ: দেহকাণ্ডৰ উৰ্দ্ধাংশ বুকুৰ দ্বাৰা গঠিত।এই অঞ্চলে সন্মান বা গৌৰৱক প্ৰতিনিধিত্ব কৰে।পুৰূষত্ব বা নাৰীত্বৰ প্ৰকাশক এই অঞ্চল।পৰবৰ্তী অংশ হৃদপিণ্ডৰ দ্বাৰা গঠিত।এই অঞ্চল অনুভুতি অঞ্চল। নিম্নাংশ: এই অঞ্চল উদৰ বা পেটৰ সমগ্ৰ অংশৰে গঠিত।উদৰাঞ্চল পৰিপুৰ্ণ ভাবে জীৱনী শক্তিৰ পৰিচায়ক।এটা কথা মন কৰিব লগিয়া যে অঙ্গাভিনয় যদি এই অঞ্চলৰ পৰা আৰম্ভ হয় অথবা এই অঞ্চল অভিমুখী হয় তেন্তে সেই অঙ্গভঙ্গী স্থুল আৰু অশ্লীল বুলি পৰিগনিত হব। হস্তপদদ্বয় এই ভাগ মানুহৰ হাত দুটা আৰু ভৰি বা পদ দুটাক লৈ গঠিত।হাতক আকৌ তিনিটা অঞ্চলত ভগোৱা হয়। হাতৰ পটা নিম্ন বাহু ঊৰ্দ্ধবাহু এই অঞ্চল সমুহ হাতৰ মণিবন্ধৰ যোৰা,কিলাকুটি আৰু কাঁন্ধৰ যোৰাৰে সংলগ্ন হৈ থাকে। পদযুগল বা ভৰি দুটাক তিনি ভাগত ভগোৱা হয়। ভৰিৰ পটা ভৰিৰ নিম্নাংশ উৰু উপৰোক্ত অঞ্চল বিলাক গোৰোহা,আঁঠু আৰু নিতম্বৰ দ্বাৰা সংযুক্ত। হাত আৰু ভৰিহাল দেহৰ আটাইতকৈ বেছি প্ৰয়োজনীয় অংগ কাৰণ এই দুটাৰ দ্বাৰাই সৰ্বাধিক ক্ৰিয়া কৰ্ম সাধিত হয়। পাদটীকা তথ্যসূত্ৰ গ্ৰন্থপঞ্জী চাৰ্লি চ্যাপলিন--মৃণাল সেন বহিঃ সংযোগ
4698
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%82%E0%A6%95%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%A8%E0%A6%BE%E0%A6%9F
অংকীয়া নাট
অংকীয়া নাট হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে পৌৰাণিক আখ্যানৰ ভিত্তিত ব্ৰজাৱলী ভাষাত ৰচনা কৰা নাটসমূহ। মহাপুৰুষ দুজনাই তেওঁ লোকে ৰচনা কৰা নাটসমূহক যাত্ৰা ঝুমুৰা হে বুলিছিল। পৰৱৰ্তী কালত কোনো কোনো বৈষ্ণৱ ভকতেহে ইয়াক 'অংকীয়া নাট' বুলি নামকৰণ কৰে। ইয়াক 'অংকীয়া ভাওনা' বুলিও কোৱা হয়। ভাওনা শব্দৰ প্ৰকৃত অৰ্থ 'ভাও দি দেখুওৱা কাৰ্য'। অংকীয়া নাটৰ অভিনয়কহে দৰাচলতে ভাওনা বোলা হয়। খ্ৰীষ্টিয় পঞ্চদশ শতিকাৰ দ্বিতীয়ভাগত ৱৰ দ্বাৰা ৱৰ্তিত ধৰ্মীয় তথা জনপ্ৰিয় মনোৰঞ্জনৰ মাধ্যম অংকীয়া নাট ভাওনাই হ’ল অসমীয়া নাট্য ইতিহাসৰ প্ৰথম নিদৰ্শন। তাৰ আগতে প্ৰাচীন কামৰূপৰ কোনো কোনো বিদ্যোৎসাহী আৰু কলাপ্ৰেমী ৰজাৰ ৰাজসভাত নৃত্য, গীত, অভিনয়ৰ অনুশীলন হৈছিল বুলি জনা যায় যদিও সেইসমূহৰ কোনো নিদৰ্শন ৱা নাযায়। উৎস আৰু প্ৰভাৱ বুৎপত্তিগত অৰ্থৰ ফালৰ পৰা চালে দেখা যায় যে অংকীয়া নাটৰ অৰ্থ 'একাংকিকা নাটক'। কিন্তু মহাপুৰুষ শ্ৰীমন্ত ৱ আৰু তেখেতৰ প্ৰিয় শিষ্য ৱদেৱে তেখেতসকলৰ নাটসমূহক 'নাট', 'নাটক' বা 'যাত্ৰা' আদি নামেৰেহে অভিহিত কৰিছিল। 'অংকীয়া নাট' শব্দটি তুলনামূলক ভাৱে আধুনিক শব্দ। নাট ৱা শব্দ 'অংক'-ৰ লগত 'ঈয়া' প্ৰত্যয় লগলগাই পিছৰ কালৰ ৱ সমাজে এই শব্দক বিশেষণ ৰূপত ব্যৱহাৰ কৰিবলৈ লয়। এই শব্দ সৰ্বপ্ৰথমে ব্যৱহৃত হয় গুৰুদুজনাৰ অন্যতম শিষ্য দৈতাৰি ঠাকুৰ আৰু ৰামচৰণ ঠাকুৰৰ দ্বাৰা ৰচিত চৰিত পুথিত। গুৰুদুজনাৰ দ্বাৰা ৰচিত নাটসমূহৰ লিখিত পাঠক অংকীয়া নাট আৰু সেই পাঠসমূহৰ নাট্য প্ৰদৰ্শনক অংকীয়া ভাওনা বা ৱনা বুলি ৱা হয়। 'অংকীয়া' শব্দৰ ব্যৱহাৰ সম্পৰ্কে ভিন্ন জনে ভিন্ন মত পোষণ কৰা দেখা যায়। সংস্কৃত নাট্যশাস্ত্ৰত অংক শব্দৰ অৰ্থ হ’ল 'চিহ্ন', অৰ্থাৎ নাটকীয় কাহিনীৰ স্তৰ চিহ্নিত কৰা বিভাগ গতিকে এই অংক শব্দৰ পৰাই অংকীয়া শব্দৰ সৃষ্টি হৈছে বুলি মত পোষণ কৰে কোনো কোনো পণ্ডিতে। তেওঁলোকে কয় যে “অংক মাত্ৰ যাৰ আছে, সেয়ে অংকীয়া”। নাট্যশাস্ত্ৰত দহ প্ৰকাৰৰ নাটক বা ৰূপকৰ উল্লেখ আৰু ৱৰণ আছে। সেয়া হ’ল: 'নাটক', 'প্ৰকৰণ', ৱকাৰ', 'ঈহমৃগ', 'ডিম', 'ৱ্যয়োগ', 'অংক' বা 'উৎসৃষ্টিকাঙ্ক', 'প্ৰহসণ', 'ভাণ' আৰু 'ৱিথি'। এই দহৰূপক বা দশৰূপক বা দহ প্ৰকাৰৰ নাটক (ৰূপক)-ৰ অন্তৰ্গত অংক বা উৎসৃষ্টিকাঙ্ক নামৰ ৰূপক বিধৰ পৰা 'অংক' আৰু "অংকীয়া" অভিধাদুটি আহিব পাৰে বুলিও কোনো কোনো পণ্ডিতে ক’ব খোজে। কিন্তু অংকীয়া নাটত মাত্ৰ এটাহে অংক থকাৰ বাহিৰে অংক বা উৎসৃষ্টিকাঙ্ক ৰূপক বিধৰ লগত ইয়াৰ আন কোনো অন্তৰংগ সাদৃশ্য বিছাৰি ৱা নাযায় অংকীয়া নাটৰ উৎস সম্পৰ্কত সত্যেন্দ্ৰনাথ শৰ্মাদেৱে তেখেতৰ 'অংকীয়া নাটৰ উৎপত্তি আৰু বৈশিষ্ট্য' নামৰ ৱন্ধত মতপোষণ কৰিছে এইদৰে, “…মহাপুৰুষ দুজনৰ নাটত যি কলা কৌশল আৰু ভাষা প্ৰয়োগ হৈছিল পিছৰ নাট লিখোতাসকলে তাৰপৰা ভালেখিনি ফালৰি কাটি গৈছিল। ৱলী পৰিহৃত হ’ল, নান্দীশ্লোক, ভটিমা আদিও ৱা হ’ল। গতিকে মহাপুৰুষ দুজনৰ নাট বা সেই সাঁচত ঢলা নাটসমূহক পিছৰ নাটৰ পৰা পৃথক কৰি ৱাবৰ নিমিত্তে 'অংকীয়া নাট' বুলিবলৈ ধৰে।” আনহাতে, বিৰিঞ্চি কুমাৰ বৰুৱাই, “আমাৰ ভাওনাত আঙ্গিক অভিনয়ই ঘাই, সেই দেখি 'অঙ্গ' শব্দৰ পৰাই 'অংক' শব্দটো উদ্ভূত ৱা ৱ” বুলি মত পোষণ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত ৱৰ দ্বাৰা পৰিবেশিত সৰ্বপ্ৰথম নাট বা ভাওনা আছিল 'চিহ্নযাত্ৰা'; এই চিহ্নযাত্ৰা পৰিবেশনৰ বাবে গুৰুজনাই সাত বৈকুণ্ঠৰ চিত্ৰপট অংকন কৰিছিল। এই কথাকে ভেঁটি হিচাপে লৈ ৱলী' নামৰ চৰিত গ্ৰন্থত অংকীয়া শব্দৰ ৱহাৰ সম্পৰ্কে ৱা হৈছে এইদৰে, “অংকিত কৰিলা দেখি অংকীয়া যে নাম”। নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীদেৱে তেখেতৰ 'সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা' নামৰ গ্ৰন্থত এই মতক সঙ্গতিপূৰ্ণ বুলি অভিহিত কৰি মতামত আগবঢ়াইছে এনেদৰে, “উক্ত ৱলী) পুথিৰ মতে 'অংকীয়া' শব্দৰ অৰ্থ হ’ল নাটকত অভিনেতা সকলক ৰং বৰণ সানি প্ৰবেশ ৱা বা বিভিন্ন প্ৰকাৰে চিত্ৰপট আঁকি (পাৰিষদ সকলক চিত্ৰত চিত্ৰিত কৰি ৱাই) চোমুখা সাজি অংকণ কৰি দৰ্শক সকলক ৱাৰ কাৰণে 'অংকীয়া' নাম পালে। অংকীয়া নাটকৰ মূল উৎস বা ভেটি হ’ল 'চিহ্নযাত্ৰা'। অংক ৱে এই অৰ্থত অংকণ কৰা বুজাইছে। 'চিহ্নযাত্ৰা' কালত যিবিলাক মুখা নিৰ্মাণ কৰা হৈছিল আৰু চিত্ৰত যিবিলাক ব্যক্তিক চিত্ৰিত কৰা হৈছিল, সিয়েই পিছত অংকীয়া নাম পায় আৰু উত্তৰ কালত ৰচিত বাকী ৱা' নাটেও 'অংকীয়া নাট' নামেৰে জনাজাত হয়।” ৱতঃ, ভাৰতৰ বিভিন্ন প্ৰাদেশিক ভাষাত ৰচিত পূৰ্ণাঙ্গ নাটকৰ ভিতৰত অংকীয়া নাটকৰ ঐতিহ্যই সকলোতকৈ পুৰণি। এই অংকীয়া নাট আৰু ভাওনাৰ উৎস বিচাৰিও ভিন্ন জনে ভিন্ন মত প্ৰকাশ কৰিছে। মনোমোহন ঘোষে অংকীয়া নাট ভাওনাক প্ৰাগ্-ঐতিহাসিক যুগত প্ৰচলিত এক শ্ৰেণীৰ নাট্যৰূপৰ নিদৰ্শণ হ’ব পাৰে বুলি অনুমান কৰিছে। আনহাতে কোনো কোনোৱে অংকীয়া নাট মধ্যযুগৰ উত্তৰ আৰু দক্ষিণ ভাৰতীয় কিছুমান পৰম্পৰাগত আৰু লোক নৃত্য আৰু নাট্য শৈলীৰ আৰ্হি বা প্ৰেৰণাত সৃষ্ট বুলি ক’ব খোজে। নাৰায়ণ চন্দ্ৰ গোস্বামীদেৱে এই মতৰ প্ৰতি আংশিকভাবে সমৰ্থন আগবঢ়াই তেখেতৰ 'সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা' নামৰ গ্ৰন্থত কৈছে, “গুৰুজনাই কেইবাবিধো উপাদান একত্ৰ কৰি অংকীয়া ভাওনাত সংযোগ কৰি দিয়ে। তাৰ ভিতৰত প্ৰধানকৈ চাৰিবিধ উপাদান পৰিষ্কাৰ ভাবে দেখা যায়। সেয়া হ’ল- (১) প্ৰাচীন ভাৰতীয় নাট্যশাস্ত্ৰৰ উপাদান, (২) বিভিন্ন তীৰ্থ ভ্ৰমণ তথা সাংস্কৃতিক অনুষ্ঠানৰ পৰা ৱা উপাদান, (৩) স্থানীয় প্ৰচলিত পুতলা নাচ বা তত্কালীন সাংস্কৃতিক কাৰ্যক্ৰমৰ উপাদান আৰু (৪) নিজস্ব প্ৰতিভা বিকাশ উপাদান।” সেইদৰে বিৰিঞ্চি কুমাৰ ৱাদেৱেও অসমীয়া আৰু অনা-অসমীয়া দুয়োবিধ ৱকে স্বীকাৰ কৰি লৈছে আৰু তেখেতৰ 'অংকীয়া নাট'ৰ ভূমিকাত মন্তব্য কৰিছে যে কাব্যশাস্ত্ৰৰ আবৃত্তি, ওজাপালিৰ সমূহীয়া গায়ন শৈলী আৰু ভাৰতৰ আন আন অঞ্চলত প্ৰচলিত বিভিন্ন দৃষ্টি-আকৰ্ষক নাট্যানুষ্ঠানে অসমীয়া নাটকৰ পূৰ্ণ বিকাশত অৰিহণা যোগাইছে বুলি ক’ব পাৰি। কিন্তু বিশিষ্ট পণ্ডিত তথা ৱলী'ৰ সম্পাদক কালিৰাম মেধি ডাঙৰীয়াই উক্ত গ্ৰন্থৰ পাতনিত অনা-অসমীয়া সকলোধৰণৰ নাট্যানুষ্ঠানৰ ৱ অস্বীকাৰ কৰি একমাত্ৰ স্থানীয় উপাদানৰ পৰা, বিশেষকৈ ওজাপালিৰ ৱত শংকৰদেৱে অংকীয়া নাটৰ সৃষ্টি কৰিলে বুলি মন্তব্য কৰিছে। অংকীয়া নাটৰ উৎস সম্পৰ্কত অধ্যাপক মহিম বৰাই মতপোষণ কৰে যে গোৱালপাৰা অঞ্চলত প্ৰচলিত ভাৰীগান, কুশান গান, ৱালিনী-যাত্ৰা আদিয়েও অংকীয়া নাটৰ সৃষ্টিত অৰিহণা যোগাইছে। অবশ্যে এইবিলাকৰ প্ৰাচীনতা সম্পৰ্কে সন্দেহৰ ৱকাশ আছে। তদুপৰি এইসমূহত নাটকীয় উপাদানো তেনেই নগণ্য। সত্যেন্দ্ৰনাথ শৰ্মাদেৱে তেখেতৰ 'অসমীয়া নাট্য সাহিত্য' নামৰ পুথিখনিত মধ্যযুগীয় ভাৰতীয় কিছুমান নাট্যধৰ্মী অনুষ্ঠানৰ লগত অংকীয়া ভাওনাৰ কিছুমান সম্ভবপৰ সাদৃশ্যৰ কথা উল্লেখ কৰি ৱশালী উপাদান হিচাপে পুতলা নাচ আৰু ওজাপালিৰ ওপৰতেই গুৰুত্ব আৰোপ কৰিছে। আৰু লগতে কেৰালাৰ 'কুট্টু' আৰু সিংহলৰ 'কোল নাটম'ৰ ৱৰ কথাও দাঙি ধৰিছে। পৰবৰ্তী কালত প্ৰকাশিত আন এক প্ৰবন্ধত তেখেতে 'মহানাটক', 'গীত-গোবিন্দ', 'শ্ৰীকৃষ্ণ কীৰ্তন', ৱৰ 'অংকবন্ধন', 'মৈথিলী' আৰু 'মৈথিলী ৱাৰী নাটক' আদিৰ প্ৰসঙ্গ উল্লেখ কৰিছে যদিও কোনো স্থিৰ সিদ্ধান্তত উপনীত হ’ব পৰা নাই। জগদীশ চন্দ্ৰ মাথুৰে নাট্যশাস্ত্ৰ, সাহিত্য দৰ্পণ আদিতো উল্লেখ নথকা 'সঙ্গীতক' নামৰ এক অখ্যাত নাট্য পৰম্পৰাৰ ৱ অংকীয়া নাটকত পৰিব পাৰে বুলি অনুমান কৰিছে। কৃষ্ণনাৰায়ণ প্ৰসাদ মাগধেও তেখেতৰ ৱ: সাহিত্যকাৰ ঔৰ ৱিচাৰক' নামৰ গ্ৰন্থত এই মতৰ প্ৰতি সমৰ্থণ আগবঢ়াইছে। আনহাতে ৱ পণ্ডিত বদন চন্দ্ৰ শইকীয়া ডাঙৰীয়াই বাকী সকলোধৰণৰ প্ৰভাব অস্বীকাৰ কৰি ৱল নাট্যশাস্ত্ৰ আৰু সংস্কৃত নাট্য পৰম্পৰাই অংকীয়া নাটৰ বিকাশত অৰিহণা ৱা একমাত্ৰ প্ৰভাৱী উপাদান বুলি ক’ব খোজে। শইকীয়া ডাঙৰীয়াই তেখেতৰ 'অংকীয়া নাটৰ উৎস বিচাৰ' নামৰ প্ৰবন্ধত এই বিষয়ে নিজৰ মত প্ৰকাশ কৰিছে এইদৰে, “হাজাৰ বছৰীয়া সংস্কৃত নাটকৰ ঐতিহ্য বিদ্যমান থাকোঁতে অংকীয়া নাটৰ উৎস পুতলা নাচ বা কাব্যশাষ্ট্ৰ আবৃত্তিৰ মাজত বিচাৰিবলৈ ৱাটো চকু থাকি খালত পৰাৰ নিছিনা কথা।” তেখেতে লগতে এই কথাও ব্যক্ত কৰে যে মধ্যযুগীয় ভাৰতীয় বিভিন্ন পৰম্পৰাগত নাট্য শৈলীৰ মাজত যি সাদৃশ্য বা মিল দেখা যায় সেয়া এটা শৈলীয়ে আনটোৰ পৰা উপাদান ধাৰ কৰাৰ বাবে নহয় বৰং একেখন নাট্যশাস্ত্ৰকে বহুদিশত মানি চলাৰ বাবেহে দেখা যায়। বিজ্ঞ সমাজত সততে এই কথা আলোচনা হয় বা অনুমান কৰা হয় যে অংকীয়া নাটৰ সূত্ৰধাৰজন অসমত পূৰ্বৰে পৰা প্ৰচলিত ওজাপালি অনুষ্ঠানৰ ওজাজনৰে এক পৰিকল্পিত, পৰিসংস্কৰিত আৰু বিকশিত ৰূপ। কিন্তু আন এক ধাৰণা মতে অংকীয়া নাটৰ সূত্ৰধাৰজনক গুৰুত্বপূৰ্ণ ভূমিকাত অবতীৰ্ণ ৱাৰ আঁৰত ওজাৰ প্ৰভাবতকৈ অবস্থা আৰু প্ৰয়োজনহে বেছি কাৰ্যকৰী আছিল। এই ধাৰণা পূৰ্বৰ ধাৰণাতকৈ অধিক যুক্তিযুক্ত আৰু প্ৰায়োগিক যেন ব হয়। এই সম্পৰ্কত বদন চন্দ্ৰ শইকীয়াদেৱে তেখেতৰ যুক্তি আগবঢ়াইছে এইদৰে, “শংকৰদেৱে নাট্যকলা সৃষ্টি কৰি প্ৰাথমিক অভিনয়ত নিজেই নাটৰ সকলোদিশ পৰিচালনাৰ দ্বায়িত্ব বহন কৰিবলগীয়াত পৰিছিল। নহ’লে প্ৰশিক্ষণপ্ৰাপ্ত হ’লেও অনভিজ্ঞ সহযোগীসকলে অভিনয়ত পদে পদে বিভ্ৰাট ৱাৰ ৱনা। সেইবাবেই সূত্ৰধাৰ চৰিত্ৰটো এনেভাবে গঢ় দিব লগা হৈছিল যাতে অভিনয়ৰ আদিৰ পৰা অন্তলৈকে উপস্থিত থাকি তাক সুচাৰুৰূপে পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰিব পাৰে। প্ৰথম অভিনয়ত সূত্ৰধাৰৰ ভূমিকাত এজন দায়িত্বশীল অভিজ্ঞ ব্যক্তিৰ উপযোগিতা প্ৰতিপন্ন ৱাত পৰবৰ্তী নাটবোৰতো তাৰ অন্যথা নকৰিলে। …গতিকে অংকীয়া নাটৰ সূত্ৰধাৰ সংস্কৃত নাটকৰ সূত্ৰধাৰৰ ভেটিত দেশ-কাল-পাত্ৰৰ প্ৰয়োজন সাপেক্ষে ৱৰ এক মৌলিক সুসৃষ্টি।” অংকীয়া নাটৰ বিকাশৰ ক্ষেত্ৰত নাট্যশাস্ত্ৰৰ ৱ সুস্পষ্ট ভাবে দেখা যায়। অংকীয়া ভাওনাত সূত্ৰধাৰৰ উপৰিও 'পূৰ্বৰঙ্গ' (আমাৰ ধেমালি), 'নান্দী', 'প্ৰৰোচনা', ৱনা', 'ভৰত বাক্য'ৰ অনুৰূপ 'মুক্তি-মঙ্গল ভটিমা' আদি বিভিন্ন দিশত নাট্যশাস্ত্ৰৰ নীতি-নিয়ম বহুপৰিমাণে মানি চলা হয়। অংকীয়া নাটত এটাই মাত্ৰ অংক থাকিলেও তাত নাট্যশাস্ত্ৰত বৰ্ণিত ৱস্থা' (নাটকীয় ঘটনাৰ স্তৰ), 'সন্ধি' (বিভিন্ন নাটকীয় ঘটনা বা পৰিস্থিতিৰ সংযোজক) আৰু 'অংক' বিভাজনৰ সম্পূৰ্ণ ৱকাশ আছে। ভক্তিৰস প্ৰধান হ’লেও নাটসমূহত নাট্যশাস্ত্ৰৰ ৱৰস'ৰ সকলোবোৰ ৰসেই কম বেছি পৰিমাণে আছে। সেইদৰে, অংকীয়া নাটৰ নায়ক নায়িকাও সংস্কৃত নাট্য-তত্ত্বত আলোচিত 'নায়ক-ভেদ' আৰু 'নায়িকা-ভেদ' (নায়ক আৰু নায়িকাৰ শ্ৰেণী বিচাৰ)-ৰ বিভিন্ন ভাগ-বিভাগৰ ভিতৰতে পৰে। অভিনয়ৰ ক্ষত্ৰতো 'ৱাচিক', 'সাত্বিক' আৰু 'আহাৰ্য' এই চাৰিওবিধ অভিনয়ৰে উপাদান অংকীয়া ভাওনাত বিদ্যমান। অবশ্যে স্থান-কাল-পাত্ৰ আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৰুজনাই বহুক্ষেত্ৰতনাট্যশাস্ত্ৰৰ বিধি-নিষেধো অবাধে ভঙ্গ কৰিছে আৰু যুদ্ধ, শয়ন, ভোজন, মৃত্যু আদি দৃশ্যৰ ৱতাৰণাও কৰিছে। যি তেখেতৰ মৌলিক প্ৰতিভাৰ স্বাক্ষৰো বহন কৰিছে। তদুপৰি ৱা বাহুল্য যে শংকৰদেৱে কোনো ক্ষেত্ৰতে সংস্কৃত নাটকৰ হুবহু অনুকৰণ কৰা নাই। গতিকে, এই কথা নিশ্চয় ক’ব পাৰি যে, ভাৰতবৰ্ষৰ নাট্যপৰম্পৰাৰ মূল ভেটি নাট্যশাস্ত্ৰৰ আলমত মহাপুৰুষ শ্ৰীমন্ত ৱৰ মৌলিক সৃষ্টিশীল সত্তাৰেই ওপজ অংকীয়া নাট আৰু ভাওনা। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ দুজনা গুৰুৰ অংকীয়া নাট আৰু পৰৱৰ্তী সময়ৰ অংকীয়া নাটসমূহৰ তুলনামূলক বিশ্লেষণ, নীলাচৰাই ডট কম ৱেবছাইটত এ টিৰিবিউট টু শংলৰদেৱ ডট অৰ্গ ৱেবছাইটত ৱেবছাইটত নৱবৈষ্ণৱ ধৰ্ম ভাওনা ভাৰতৰ
80521
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%A1%20%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A7%87%E0%A6%A8%E0%A6%A8
ক্লড শ্বেনন
ক্লড এলৱুড শ্বেনন (৩০ এপ্ৰিল ১৯১৬ ২৪ ফেব্ৰুৱাৰী ২০০১) এগৰাকী আমেৰিকী গণিতজ্ঞ, অভিযন্তা আৰু সংকেতলিপিকাৰ। তেওঁক "তথ্য তত্ত্বৰ জনক" হিচাপেও জনা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেচেচুচেটছ ইনষ্টিটিউট অৱ টেক্নলজিৰ স্নাতকোত্তৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰি থাকোঁতে তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল যে বুলিয়ান এলজেব্ৰাৰ বৈদ্যুতিন প্ৰয়োগেৰে যিকোনো সাংখ্যিক সম্বন্ধ নিৰ্মাণ কৰিব পৰা যায়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত শ্বেননে ক্ৰিপ্টেনেলিচিছত কাম কৰিছিল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষাৰ বাবে। এই কামৰেই অংশ শ্বেননৰ বিখ্যাত সংকেত ভঙা আৰু সুৰক্ষিত দূৰবাৰ্তাৰ কাম। জীৱন আৰু কৰ্ম শ্বেননৰ জন্ম আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগানত হৈছিল। পিতৃ ক্লড চিনিয়ৰে ব্যৱসায় কৰিছিল, আৰু কিছু সময়ৰ বাবে ন্যায়ালয়ত কাম কৰিছিল। মাতৃ মেবেল আছিল স্থানীয় উচ্চ-মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। বিজ্ঞান আৰু গণিত বিষয়ত পাৰ্গত শ্বেননে সৰুৰে পৰাই বৈদ্যুতিন আৰু যান্ত্ৰিক বস্তুৰ প্ৰতি বিশেষ আকৰ্ষণ দেখুৱাইছিল, বিমান, ৰেডিঅ'ৰে চালিত নাও, টেলিগ্ৰাফ আদিৰ আৰ্হি তৈয়াৰ কৰি। ১৯৩২ চনত মিচিগান বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা শ্বেননৰ প্ৰথম পৰিচয় হ'ল জৰ্জ বুলৰ কৰ্মৰাজিৰ সৈতে। বিশ্ববিদ্যালয়খনৰ পৰা দ্বৈত বিষয়: গণিত আৰু বৈদ্যুতিক আভিযান্ত্ৰিক বিদ্যাত স্নাতক ডিগ্ৰী লাভ কৰিছিল শ্বেননে। তাৰ পাছত ১৯৩৬ চনত তেওঁ এম আই টিৰ বৈদ্যুতিক আভিযান্ত্ৰিক বিদ্যাৰ স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্য়ক্ৰমত নাম যোগ কৰিলে। তাত তেওঁ ভানেভাৰ বুশ্বৰ এনালগ কম্পিউটাৰত কাম কৰাৰ সুযোগ লাভ কৰিছিল। তেওঁ অধ্যয়ন কৰোঁতে মন কৰিলে যে কম্পিউটাৰটোৰ চাৰ্কিটবোৰ বিশেষ কামৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা হৈছে। তেওঁ জৰ্জ বুলৰ গাণিতিক কৰ্ম ব্যৱহাৰ কৰি চুইচিং চাৰ্কিট তৈয়াৰ কৰি পাছলৈ নিজৰ মাষ্টাৰ্ছ থিচিছত দেখুৱালে যে বুলিয়ান এলজেব্ৰাৰে সমাধান কৰিব পৰা সকলো সমস্যাই এনে চাৰ্কিটেৰে সমাধান কৰিব পৰা যাব। থিচিচখনৰ নাম 'এ চিম্বলিক এনেলিচিছ অৱ ৰিলে এণ্ড চুইচিং চাৰ্কিটছ''। শ্বেননৰ এই অৱদান আছিল যুগান্তকাৰী, কাৰণ এই বুলিয়ান পদ্ধতিয়েই সকলো আধুনিক ডিজিটেল কম্পিউটাৰৰ আৰ্হি। এই পদ্ধতিৰ সহায়ত, পূৰ্বতে বিশেষ কামৰ বাবে বিশেষ চাৰ্কিট তৈয়াৰ কৰিবলগীয়া হোৱা সমস্যা সমাধান হ'ল, যিহেতু সকলো বুলিয়ান যুক্তিৰ সমস্যা শ্বেননৰ চাৰ্কিটেৰে সমাধান কৰিব পৰা যায়। ১৯৪০ চনত শ্বেননে এম আই টিৰ পৰা পি এচ ডি ডিগ্ৰী লাভ কৰিলে। ভানেভাৰ বুশ্বে পৰামৰ্শ দিলে যে শ্বেননে মেণ্ডেলিয়ান জেনেটিক্সৰ গাণিতিক স্বৰূপ তৈয়াৰীত কাম কৰা উচিত, ক'ল্ড স্প্ৰিং হাৰ্বাৰ গৱেষণাগাৰত। এই গৱেষণাৰেই ফল শ্বেননৰ পি এইচ ডি থিচিছ, "এন এলজেব্ৰা ফৰ থিয়'ৰেটিকেল জেনেটিক্স"। ১৯৪০ চনত শ্বেনন হ'ল প্ৰিঞ্চটনত ইনষ্টিটিউট ফৰ এডভাঞ্চড ষ্টাডিজত নেশ্যনেল ৰিচাৰ্চ ফেল'। তাত তেওঁ নিজৰ কামৰ বিষয়ে হাৰ্মান ৱেইল আৰু জন ভন নয়মেনৰ সৈতে পাতিব পাৰিছিল। মাজে মাজে এলবাৰ্ট আইনষ্টাইন আৰু কাৰ্ট গাৰ্ডালকো লগ ধৰাৰ সুযোগ পাইছিল। তাত শ্বেননে বাধাহীনভাৱে যিকোনো বিষয়ত গৱেষণা কৰাৰ সুযোগ লভিছিল, যাৰ ফলতেই হয়টো পাছলৈ তেওঁৰ তথ্য তত্ত্বৰ কাম আগবাঢ়িছিল। শ্বেননে বাম্পন্থী বুদ্ধিজীৱি নৰ্মা লেভৰক বিয়া কৰালে ১৯৪০ চনত। এবছৰ পাছতে তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত শ্বেননে বেল লেবছত যোগদান কৰিলে ফায়াৰ এলাৰ্ম চিষ্টেম আৰু সংকেতলিপিৰ ওপৰত কাম কৰিবলৈ, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা অনুসন্ধান সমিতিৰ তত্ত্বাৱধানত। ১৯৪২ চনত তেওঁ চিগ্নেল ফ্ল' গ্ৰাফ আৱিষ্কাৰ কৰি উলিয়ালে। তেওঁৰ পৰিচয় এলেন টিউৰিঙৰ সৈতেও হ'ল, যাৰ কামে শ্বেননক প্ৰভাৱিত কৰিলে। ১৯৪৫ত যুদ্ধ সমাপ্তি ওচৰ চপাত শ্বেনন, ৰাল্ফ বিব ব্লেকমেন আৰু হেন্ৰিক ৱে'ড ব'ডে "ডেটা স্মুদিং এণ্ড প্ৰেডিক্সন ইন ফায়াৰ কন্ট্ৰল চিষ্টেমছ" নামৰ প্ৰবন্ধ লিখি উলিয়ালে, য'ত এনে সমস্যাক তুলনা কৰা হৈছে "বাৰ্তালাপৰ ব্যৱস্থাত সংকেতক আন শব্দৰ পৰা পৃথক কৰাৰ সমস্যা"ৰ সৈতে। ই আছিল তথ্যৰ যুগৰ আৰম্ভণি। ১৯৪৫তে বেল লেবছৰ বাবে "এ মেথেমেটিকেল থিয়ৰি অৱ ক্ৰিপ্টগ্ৰাফি" লিখিছিল শ্বেননে, গোপনে। ১৯৪৯ত ডিক্লাছিফাই হোৱা এই কৰ্ম বেল লেবছেই ছপা কৰিলে। এই লেখত পাছৰ "এ মেথেমেটিকেল থিয়ৰি অৱ কমিউনিকেশ্যন"ৰ কেইবাটাও ধাৰণা পোৱা যায়। শ্বেননে জনোৱা মতে, সংকেতলপি আৰু বাৰ্তাৰ ধাৰণাবোৰ শ্বেননৰ মনলৈ একে সময়তে আহিছিল, যুদ্ধৰ সময়ত কাম কৰি থাকোঁতে, আৰু যে দুয়োক পৃথক কৰা কঠিন। বেল লেবছত সাংখ্যিক বিশ্লেষক হিচাপে কাম কৰা বেটি মুৰক শ্বেননে লগ পাই, পাছলৈ ১৯৪৯ চনত তেওঁৰ সৈতে বিবাহ পাশত আৱদ্ধ হ'ল। বেটিৰ সৈতে শ্বেননৰ ৩ সন্তান আছে। ১৯৪৮ চনত তেওঁ বিখ্যাত "এ মেথেমেটিকেল থিয়ৰি অৱ কমিউনিকেশ্যন" প্ৰকাশ কৰিলে। দুটি ভাগত বেল চিষ্টেমছ টেক্নিকেল জাৰ্ণেলত প্ৰকাশ কৰা এই লেখত তেওঁ প্ৰেৰকে প্ৰেৰণ কৰিব বিচৰা বাৰ্তাক কিদৰে আতাইতকৈ ভালকৈ প্ৰেৰণ কৰিব পৰা যায়, তাকেই দেখুৱাইছে। তেওঁ নৰ্বাৰ্ট ৱাইনাৰৰ এই ক্ষেত্ৰত সাম্ভাৱ্যতা তত্ত্বৰ কাম ব্যৱহাৰ কৰিছিল। এই লেখতেই তেওঁ তথ্য এণ্ট্ৰপিৰ ধাৰণা প্ৰস্তুত কৰিছিল। এনে কৰি তেওঁ তথ্য তত্ত্বৰ সৃষ্টি কৰা বুলিব পাৰি। ১৯৪৮ চনৰ একেই নামৰে গ্ৰন্থত শ্বেননৰ কামক সাধাৰণ লোকে বুজিব পৰাকৈ প্ৰকাশ কৰা হ'ল। ১৯৫১ চনত "প্ৰেডিক্সন এণ্ড এণ্ট্ৰপি অৱ প্ৰিণ্টেড ইংলিশ্ব" প্ৰকাশ কৰা হ'ল, য'ত তেওঁ ইংৰাজী ভাষাৰ এণ্ট্ৰপি আৰু সাংখ্যিক বিজ্ঞান সম্বন্ধীয় গুণাগুণ দাঙি ধৰিলে। ই নেচুৰেল লেংগুৱেজ প্ৰচেচিং আৰু কম্পিউটেশ্যনেল ভাষাবিজ্ঞানত এক মহত্বপূৰ্ণ অৱদান আছিল। ১৯৫৬ চনৰ পৰা তেওঁ এম আই টিত শিক্ষক হিচাপে যোগদান কৰিলে, আৰু তাতেই ১৯৭৮লৈকে কাম কৰিলে। শৈক্ষিক জগতৰ বাহিৰত, শ্বেননে দবা খেল, জাগলিং আৰু ইউনিচাইক্লিং পচন্দ কৰিছিল। তেওঁ অনেক যন্ত্ৰও নিৰ্মাণ কৰিছিল, যাৰ এটি হ'ল এনে এক যন্ত্ৰ যিয়ে ৰুবিক্স ক্যুব সমাধান কৰিব পাৰে আৰু জুই উলিওৱা পেঁপা এটা। এডৱাৰ্ড থৰ্পৰ সৈতে তেওঁ বিশ্বৰ প্ৰথম পিন্ধিব পৰা কম্পিউটাৰ সৃষ্টি কৰিছিল। তেওঁ ব্যৱসায় জগতৰ সৈতে জড়িত লোকক কম্পিউটাৰ শিকাব পৰাকৈ মিনিভাক ৬০১ নামৰ কম্পিউটাৰ এটাও নিৰ্মাণ কৰি উলিয়াইছিল ১৯৬১ চনত। থিচিয়াছ নামৰ যান্ত্ৰিক নিগনি এটা তৈয়াৰ কৰিছিল তেওঁ, যি ২৫ ঘৰীয়া জটিল পথ বিচাৰি উলিয়াব পাৰিছিল। খেল তত্ত্বত, শ্বেননে দবা খেলৰ জটিলতা গণনা কৰি শ্বেনন সংখ্যা আগবঢ়াইছিল: যি হ'ল ১০১২০। তেওঁ কম্পিউটাৰক দবা খেল খেলিবলৈ শিকোৱাক লৈ প্ৰথম গৱেষণা পত্ৰও লিখিছিল। বিখ্যাত "শ্বেনন প্ৰবচন" এটাও তেওঁ সংজ্ঞায়িত কৰিছিল: "শত্ৰুৱে ব্যৱস্থাটো জানে"। পাছলৈ আলজাইমাৰ্ছ ৰোগত ভুগি তেওঁৰ ২০০১ চনত মৃত্যু হ'ল। তথ্য
88252
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%BE%E0%A6%95%E0%A6%AD%E0%A7%81%E0%A6%B6%E0%A7%81%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%BF
কাকভুশুন্দি
কাকভুশুন্দি হিন্দু মহাকাব্য ৰামায়ণৰ এটা বিশিষ্ট চৰিত্ৰ। বাল্মীকি ঋষিৰ শিষ্য হোৱাৰ লগতে অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিস্তৃত জ্ঞানৰ বাবে তেওঁ পৰিচিত। তেওঁৰ নামৰ অনুবাদ হৈছে সংস্কৃতত "সোণৰ পাখি থকা কাউৰী।" তেওঁ হিন্দু পৌৰাণিক কাহিনীৰ এজন পূজনীয় ব্যক্তি আৰু আধ্যাত্মিকতা আৰু গুপ্ত বিষয়ৰ অপৰিসীম জ্ঞানৰ বাবে জনাজাত। ত্ৰেতা যুগ আৰু দ্বাপৰ যুগৰ মাজেৰে জীয়াই থকা আৰু ক্ৰমে ভগৱান ৰাম আৰু ভগৱান শ্ৰীকৃষ্ণৰ কাহিনী প্ৰত্যক্ষ কৰা কেইজনমান ঋষিৰ ভিতৰত তেওঁ অন্যতম বুলি বিশ্বাস কৰা হয়। যুগ যুগ ধৰি তেওঁৰ শিক্ষা বহু আধ্যাত্মিক সাধকৰ বাবে প্ৰেৰণাৰ উৎস হৈ আহিছে আৰু তেওঁৰ জীৱন অলৌকিক কৰ্মৰ কাহিনীৰে ভৰি আছে। প্ৰাথমিক জীৱন আৰু শিক্ষা হিন্দু গ্ৰন্থ অনুসৰি কাকভুশুন্দিৰ জন্ম হৈছিল অযোধ্যা নগৰৰ ব্ৰাহ্মণ পৰিয়ালত। তেওঁ এজন বিদ্বান পণ্ডিত আৰু বিভিন্ন শাস্ত্ৰ আৰু গ্ৰন্থৰ বিষয়ে সুপৰিচিত আছিল। ভগৱান ৰামৰ প্ৰতি থকা ভক্তিৰ বাবেও তেওঁ পৰিচিত আছিল আৰু বেছিভাগ সময় ঐশ্বৰিক বিষয়ৰ অধ্যয়ন আৰু ধ্যান-ধাৰণাত কটায়। ভগৱান ৰামৰ শিষ্য কাকভুশুন্দিৰ ভক্তি আৰু জ্ঞানে ভগৱান ৰামৰ দৃষ্টি আকৰ্ষণ কৰি তেওঁক শিষ্য কৰি তুলিছিল। কাকভুশুন্দিয়ে বছৰ বছৰ ধৰি ভগৱান ৰামৰ সংগত থাকি তেওঁৰ পৰা শিকি তেওঁৰ সেৱা কৰিছিল। কোৱা হয় যে কাকভুশুন্দি ভগৱান ৰামৰ প্ৰকৃত পৰিচয় জনা কেইজনমান লোকৰ ভিতৰত এজন আছিল, আৰু তেওঁ প্ৰায়ে নিজৰ জ্ঞান আন শিষ্যসকলৰ লগত ভাগ কৰিছিল। গৰুড়ৰ শিক্ষক ভগৱান ৰামৰ মৰ্ত্য জগতৰ পৰা আঁতৰি যোৱাৰ পিছত ককভুশুন্দিয়ে আধ্যাত্মিক যাত্ৰা অব্যাহত ৰাখি গৰুড়ৰ গুৰু হৈ পৰে। সেই সময়ত গৰুড় পোৱালি চৰাই আছিল আৰু কাকভুশুন্দিয়ে তেওঁক ধৰ্ম, যোগ, ভক্তি আদিৰ নীতি শিকাইছিল। গৰুদ এজন তীক্ষ্ণ শিক্ষাবিদ আছিল, আৰু কাকভুশুন্দিৰ নিৰ্দেশনাত তেওঁ ভগৱান বিষ্ণুৰ শক্তিশালী আৰু আনুগত্যশীল পৰ্বত হৈ পৰিছিল। জীৱন আৰু শিক্ষা কাকভুশুন্দি তেওঁৰ আগৰ জীৱনত কাউৰী আছিল বুলি বিশ্বাস কৰা হয়, যাৰ বাবে তেওঁক কাকভুশুন্দি অৰ্থাৎ কাউৰী-ঋষি নাম দিয়া হৈছিল। পৌৰাণিক বিৱৰণী অনুসৰি কাকভুশুন্দি ভগৱান ৰামৰ ভক্ত আছিল আৰু তেওঁৰ সন্মুখত ৰামায়ণৰ সমগ্ৰ কাহিনীৰ উন্মেষ ঘটা প্ৰত্যক্ষ কৰিছিল। তেওঁ এজন বিদ্বান ঋষি আছিল আৰু ভগৱান ৰামৰ যাত্ৰা আৰু শিক্ষাৰ এক অনন্য শৈলীৰে বৰ্ণনা কৰা বিখ্যাত গ্ৰন্থ "কাকভুশুন্দি ৰামায়ণ" ৰচনাৰ কৃতিত্ব লাভ কৰিছে। ভগৱান ৰাম যুগৰ পিছত কাকভুশুন্দিয়ে আধ্যাত্মিক যাত্ৰা অব্যাহত ৰাখি মহাভাৰতৰ সমগ্ৰ কাহিনী আৰু ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ সাক্ষী হোৱা বুলি কোৱা হয়। তেওঁ ভগৱান শ্ৰীকৃষ্ণক লগ পাইছিল আৰু তেওঁৰ শিক্ষা লাভ কৰিছিল বুলি বিশ্বাস কৰা হয়, যিটো তেওঁ পৰৱৰ্তী সময়ত নিজৰ আধ্যাত্মিক দৰ্শনত সন্নিৱিষ্ট কৰিছিল। তেওঁৰ শিক্ষাত আধ্যাত্মিক জ্ঞান লাভৰ পথ হিচাপে আত্ম উপলব্ধি আৰু বস্তুবাদী কামনাৰ পৰা বিচ্ছিন্নতাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। হিন্দু পৌৰাণিক কাহিনীত কাকভুশুন্দিক আঠজন চিৰঞ্জীৱী বা অমৰ লোকৰ ভিতৰত এজন বুলি গণ্য কৰা হয়, যিসকলক এতিয়াও পৃথিৱীত বাস কৰা বুলি বিশ্বাস কৰা হয়। কোৱা হয় যে তেওঁ হিমালয়ত বাস কৰে আৰু তেওঁৰ সৈতে পথ অতিক্ৰম কৰাৰ সৌভাগ্য হোৱা আধ্যাত্মিক সাধকসকলক শিক্ষা দি থাকে। পৌৰাণিক কাহিনী ৰামায়ণৰ মতে কাকভুশুন্দি আছিল এনে কাউৰী যিয়ে ভগৱান ব্ৰহ্মাৰ পৰা কাল শেষলৈকে অমৰ হৈ থাকিব বুলি বৰ লাভ কৰিছিল। ভগৱান ৰামৰ নিৰ্বাসনৰ সময়ত তেওঁ উপস্থিত আছিল আৰু সমগ্ৰ মহাকাব্যখনৰ সাক্ষী কেইজনমান চৰিত্ৰৰ ভিতৰত অন্যতম আছিল। কোৱা হয় যে তেওঁৰ সময়ৰ মাজেৰে ভ্ৰমণ কৰাৰ ক্ষমতা আছিল আৰু সভ্যতাৰ উত্থান-পতন দেখিছিল। কাকভুশুন্দি আছিল ৰামায়ণ ৰচনা বাল্মীকি ঋষিৰ শিষ্য। কোৱা হয় যে কাকভুশুন্দিয়ে এই মহাকাব্যখন বাল্মীকি ঋষিৰ পৰাই শিকিছিল আৰু ভগৱান ৰামৰ জীৱনৰ সম্পূৰ্ণ কাহিনী জনা কেইজনমানৰ ভিতৰত এজন আছিল। গুৰুত্ব ৰামায়ণত কাকভুশুন্দিৰ গুৰুত্ব নিহিত হৈ আছে তেওঁৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিস্তৃত জ্ঞানত। কোৱা হয় যে তেওঁ ভৱিষ্যতৰ ভৱিষ্যদ্বাণী কৰিব পাৰিছিল আৰু ভৱিষ্যতে ঘটা ঘটনাৰ বিষয়ে জ্ঞান আছিল। বুদ্ধি আৰু বুদ্ধিমত্তাৰ বাবেও তেওঁ পৰিচিত আছিল আৰু জীৱনৰ প্ৰতি তেওঁৰ এক অনন্য দৃষ্টিভংগী আছিল। কাকভুশুন্দিৰ চৰিত্ৰও তাৎপৰ্যপূৰ্ণ কাৰণ ভগৱান ৰামৰ নিৰ্বাসনৰ সময়ত তেওঁ উপস্থিত আছিল আৰু তেওঁৰ যাত্ৰাৰ সাক্ষী হৈছিল। তেওঁৰ উপস্থিতিয়ে মহাকাব্যখনত এক আকৰ্ষণীয় দৃষ্টিভংগী যোগ কৰে আৰু বাল্মিকী ঋষিৰ সৈতে তেওঁৰ কথা-বতৰাবোৰে কাহিনীটোৰ মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰে। উত্তৰাধিকাৰ কাকভুশুন্দিৰ উত্তৰাধিকাৰ ৰামায়ণৰ মাজেৰে জীয়াই আছে। তেওঁৰ বিশাল জ্ঞান আৰু মহাকাব্যখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক স্মৰণ কৰা হয়। তেওঁৰ এই চৰিত্ৰই ভাৰতীয় সাহিত্যৰ বহু গল্প আৰু নাটকৰ অনুপ্ৰেৰণা যোগাইছে আৰু তেওঁৰ প্ৰজ্ঞা আৰু বুদ্ধিমত্তাই বহুতৰে প্ৰেৰণাৰ উৎস হৈ আহিছে। কাকভুশুন্দিৰ শিক্ষাই যুগ যুগ ধৰি বহু আধ্যাত্মিক সাধকৰ বাবে প্ৰেৰণা যোগাই আহিছে। তেওঁৰ "কাকভুশুন্দি ৰামায়ণ" গ্ৰন্থখন হিন্দু সাহিত্যৰ এক মাষ্টাৰপিছ হিচাপে গণ্য কৰা হয় আৰু এতিয়াও বহুলভাৱে পঢ়া আৰু শ্ৰদ্ধা কৰা হয়। তেওঁৰ শিক্ষাই অদ্বৈত বেদান্ত আৰু ভক্তি যোগকে ধৰি হিন্দু দৰ্শনৰ বিভিন্ন পন্থা আৰু বিদ্যালয়কো প্ৰভাৱিত কৰিছে। জনপ্ৰিয় সংস্কৃতিত কাকভুশুন্দিক বিভিন্ন টেলিভিছন শ্ব’, চিনেমা, নাটকত চিত্ৰিত কৰা হৈছে। তেওঁক প্ৰায়ে এজন জ্ঞানী বৃদ্ধ ঋষিৰ ৰূপত চিত্ৰিত কৰা হয় যিয়ে নায়কক নিজৰ জ্ঞান প্ৰদান কৰে আৰু তেওঁলোকৰ আধ্যাত্মিক যাত্ৰাত সহায় কৰে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ৰামায়ণৰ চৰিত্ৰ হিন্দু পৌৰাণিক